চকুপানীৰ নিৰ্যাতন

ব্ৰজপাতৰ চাৱনিত ফুটবলটিৰ দৰে তাইৰ আকৃতি সিদিনা।উশাহ ল'বলৈ কেৱল আছিল নিশ্বাস।খিৰিকীৰ কিৰিলিত তাইৰ গুপ্তঙ্গৰ তেজেৰে নদীখনি।তেজৰ নদীত ককবকাই  একেনিশাই মাকজনী হৈ জন্ম দিছিল কেইটামান চিগাৰেটৰ টুকুৰা আৰু একোটা কাঁচৰ বটল ।তাই শুনিছিল-মা',অ'মা।"অ'সোন !এই বুলি মতালৈ তাই চিৰকালৰ বাবে... । বটলৰ কোবত তাইৰ শেষ চকুপানী টুপিও বলাৎকাৰ হৈছিল পঞ্চাঙুলৰ বাটত ।

ৰিতু ভৰালী
পুৰণা গড়মূৰ কৈৱৰ্ত্য গাওঁ, যোৰহাট, ম.নম্বৰ  :  ৮১৩৩৯১২৯৯৫