অঙ্গন (২১ নং সংখ্যা)

বেটুপাতঃ ১





পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 এপ্ৰিল, 2021

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।


পৃষ্ঠাঃ ৩

এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
এক্লা চলো ৰে...

২/ প্ৰৱন্ধ:
ক/ অসমৰ প্ৰথম বাতৰি কাকত "অৰুনোদই" (প্ৰতাপ কুমাৰ বৰুৱা)
খ/অসমৰ দৌল উৎসৱ (প্ৰণৱ ফুকন)
গ/ বিহুৰ অতীত আৰু বৰ্তমান( দীপশিখা হাজৰিকা বৰুৱা)
ঘ/ ঢোলঃ অসমীয়া জাতিৰ এক অনন্য অংগ (মিতালী মহন্ত)

৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ ধুমুহাই ভঙা সপোন(দুৰ্গেশ্বৰ শইকীয়া)
খ/ অভিশ্ৰুতি (চয়নিকা বৰুৱা)
গ/ এই বাটেদি ৰাধা যমুনালৈ যায় ( শিৱানী বৰা)

৪/ অণুগল্পঃ
ক/ এচমকা কলিয়া মেঘ (জেপোলিন ৰাজকুমাৰী)
খ/ প্ৰতিক্ৰিয়া (ময়ূৰী ভট্টচাৰ্য বৰুৱা)
গ/ মোট (অংশুমান ভূঞা)

৫/ চুটিগল্পঃ
ক/  চিৰ চেনেহী মোৰ ভাষা এলাগি ( অনুসূয়া বৰঠাকুৰ)
খ/ যাত্ৰা (নিহাৰীকা বৰগোহাঁই)

৬/ অনুবাদ কবিতাঃ
ক/ অনুসন্ধান (অসমীয়া অনুবাদ:
জয়ন্তীমালা বৰপূজাৰী  মূল হিন্দী:
অসিতবৰণ মহাপাত্ৰ)
খ/নাযাবা আঁতৰি বহু  দূৰ
(অসমীয়া অনুবাদঃ প্ৰাণকৃষ্ণ গোস্বামী
মূলঃ Don't go far off - by Pablo Neruda)

৭/কবিতাঃ
ক/ বৰষুণ আৰু তুমি ( খৃষ্টামা লাহন)
খ/ খৰিডাল আঙঠাহজ জ্বলিল (ৰূপজ্যোতি হাজৰিকা দত্ত)
গ/ বসন্তৰ বিলাপ ( পিনাক পানি বশিষ্ট)
ঘ/মৃত্যু কেৱল বাতৰি নহয় (ৰিণ্টু টায়ে)
ঙ/ নতুন মনৰ গীত (নিহাল গগৈ)
চ/ উদিত সূৰ্য (মনচুমী কলিতা নাথ)
ছ/ তমসা সময় (ববী দত্ত)
জ/বুকুতে  আকাশ (ৰূপা বৰা দাস)
ঝ/ হেঁপাহ (পৰিমিতা দাস)
ঞ/ কবিতাই গৰকা চোতাল (ৰেখা বৰকতকী)
ট/ জীৱনীৰ পৃষ্ঠা (ছাইফুদ্দিন আহমেদ )
ঠ/ সুখ  (বাসন্তী ফুকন)
ড/ কবিতা (গীতাঞ্জলী দেৱী)
ঠ/ দৃশ্য ( দীপাংকৰ জ্যোতি বৰা)

৮/ ঠাই বিশেষঃ চোহানী নাথ

৯/ কথোপকথন

১০/ ভ্ৰমণ কাহিনীঃ মেক্লোডগঞ্জধর্মশালা
(শৰ্মীষ্ঠা বৰ্মন)

১১/ নীলা খামৰ চিঠিঃ 
ক/বিষাদ ৰঞ্জন বৰবৰা
খ/পবিত্ৰ গায়ন

১২/ গল্পঃ
ক/ আশা ( প্ৰিঞ্চিপ্ৰিয়া বৰুৱা)
খ/ মুখা (প্ৰবীন বৰা)             

১৩/ শিশু সাহিত্যঃ প্ৰাৰ্থনা আৰু শিশু ( ৰাজশ্ৰী বৰা)

১৪/এগণ্ডা হাইকুঃ মঞ্জিত হাজৰিকা

১৫/ লিমাৰিকঃ তপন কুমাৰ নগঁঞা

১৬/ শেষ পৃষ্ঠাৰ লেখাঃ ফাগুন আৰু ফাকুৱা (পৰিণীতা কলিতা)

১৭/ আৰ্ট গেলাৰীঃ ৰশ্মিতা বৰ্মন


পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  বিকি তাঁতী, তিতাবৰ, যোৰহাট।
ফটোঃ মিন্টু ভঁৰালী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।


পৃষ্ঠা ৫
সম্পাদকীয়ঃ

এক্লা চলো ৰে...

  সাহিত্যক জাতিৰ দাপোন বুলি কোৱা হয়। একেদৰে সংস্কৃতিয়েই হৈছে এটা জাতিৰ মেৰুদণ্ড। সাহিত্য-সংস্কৃতিৰ লগত জড়িত প্ৰতিজনেই প্ৰকৃতাৰ্থত একো একোজন ব্যক্তিৰ লগতে এখন সমাজ তথা দেশক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ সৃষ্টিৰাজিয়ে মানুহক মানুহ হিচাপে জীয়াই থকাত সহায় কৰে। ভাগৰুৱা পথিকৰ বাবে এখন ভাল কিতাপ অথবা এটি সুন্দৰ গীত যিদৰে হৃদয় জুৰোৱা সুখানুভূতি হ'ব পাৰে একেদৰে সাহিত্য-সংস্কৃতিয়ে মানুহৰ একমাত্ৰ অনুপ্ৰেৰণাও হব পাৰে।

  ১৮৬১ চনৰ ৭ মে তাৰিখে কলিকতাত জন্মগ্ৰহণ কৰা কবি, ঔপন্যাসিক, নাট্যকাৰ, গল্পকাৰ, গীতিকাৰ, চিত্ৰকৰ, দাৰ্শনিক, শিক্ষাবিদ যাক আমি বিশ্বকবি, কবিগুৰু বুলি অভিহিত কৰিছোঁ সেইজনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ কলমেৰে নিগৰিত হৈছিল অলেখ এনে কবিতা, এনে গীত যি আজিও মানুহৰ হৃদয়ত অনুৰণিত হৈ আছে। ১৯১৩ চনত কবিগুৰুজনাই নিজৰ সৃষ্টিৰাজিৰ বাবে নবেল বঁটাও পাবলৈ সক্ষম হৈছে। ১৯০৫ চনত তেখেতেই লিখিছিল "যদি তোৰ ডাক সুনে কেউ না আছে, তবে এক্লা চলো ৰে... " (If no one responds to your call, then go your own way alone) বিশ্ববন্দিত এই গীতটি। ইয়াৰ ভাবাৰ্থ, 'যদি কোনেও তোমাৰ কথা শুনিবলৈ আগ্ৰহী নহয় তেনেহলে অকলেই আগবাঢ়ি যোৱা।' এই গীতটিৰ মাজেৰে কবিগুৰুজনে আমাক পৰোক্ষভাৱে সাহসী হ'বলৈ শিকাইছে। জীৱনৰ জটিলতাবোৰৰ লগত মুখামুখি হবলৈ শিকাইছে।

  ইংৰাজীত এষাৰ কথা আছে, Smooth roads never make good drivers, clear skies never make good pilots, a problem free life never makes a strong person. যিদৰে মসৃণ পথটিয়ে এজন দক্ষ গাড়ীচালক সৃষ্টি কৰিব নোৱাৰে, যিদৰে মুকলি আকাশখনে এজন দক্ষ বিমান চালক জন্ম দিব নোৱাৰে, একেদৰে এটি জটিলতাশূন্য তেনেই গতানুগতিক জীৱনেও ব্যক্তি এজনক সফল কৰিব নোৱাৰে।

  মানুহ সামাজিক প্ৰাণী। সমাজ পাতি সকলোৰে লগত মিলি জুলি থকাতোৱেই আমাৰ মূল লক্ষ্য। কিন্তু সকলোৰে মাজত থকাৰ পিছতো কেতিয়াবা আমি অকলশৰীয়া হৈ পৰোঁ। এয়াই জীৱন, এয়াই বাস্তৱ। ইয়াৰ পিছতো যি নিজৰ কৰ্ম, নিজৰ লক্ষ্য আগত ৰাখি আগবাঢ়ি যাব পাৰে সেইজনেই জয়ৰ মালা পিন্ধে।

  জটিলতা আছে বাবেই জীৱনটো সৰ্বাঙ্গসুন্দৰ। গতিকে অহেতুক নিজক কষ্ট দিয়া উচিত নহয়। এই ক্ষেত্ৰত এটি উল্লেখযোগ্য দিশ হৈছে আমাৰ মানসিকতা। কিয়নো, প্ৰায়েই আমাৰ মানসিক জগতখনে সমস্যাসমূহক ঋণাত্মক দৃষ্টিভংগীৰে চায়। যাৰ ফলত আমি বেছিকৈ কষ্ট ভূগিবলগীয়া হয়। আনহাতে ক্ষমাৰ দৃষ্টিৰে চালে স্বতঃস্ফুতভাৱে হৃদয়খন শান্ত হৈ পৰে।

  গতিকে আহকচোন, আমি আটায়ে ক্ষমা, দয়া, মৰম-চেনেহেৰে পৃথিৱীখন চাবলৈ শিকোঁ। যিয়ে আপোনাক অহেতুক কষ্ট দিছে, যিয়ে আপোনাৰ অনুভৱ অনুভূতিক সন্মান জনাবলৈ আগ্ৰহী নহয় তেওঁক ক্ষমা কৰোঁ। যদি কোনেও আপোনাৰ কথা শুনিবলৈ আগ্ৰহী নহয় তেনেহলে অকলেই বাট বুলো। বিশ্বকবিজনে কোৱাৰ দৰে, যদি তোৰ ডাক সুনে কেউ না আছে..।

ধন্যবাদেৰে

হেমেন নাথ
সম্পাদক, অঙ্গন


পৃষ্ঠা ৬
প্ৰৱন্ধঃ

অসমৰ প্ৰথম বাতৰি কাকত "অৰুনোদই"


"অৰুণোদই" হ’ল অসমৰ প্ৰথমখন সংবাদ পত্ৰ৷ ১৮৪৬ চনত ড° নাথান ব্ৰাউনৰ সম্পাদনাত, শিৱসাগৰৰ পৰা প্ৰকাশ পোৱা অসমীয়া ভাষাৰ এই সংবাদ পত্ৰই দৰাচলতে এখন আলোচনীৰ ভূমিকাও পালন কৰিছিল৷ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আমেৰিকাৰ পৰা অহা বেপ্টিষ্ট মিছন চ’চাইটিৰ সদস্যসকলে শিৱসাগৰত ছপাশাল  ('মিছন প্ৰেছ’) স্থাপন কৰি অৰুণোদই প্ৰকাশ কৰিছিল৷ অৰুণোদই কাকতে আধুনিক অসমীয়া ভাষাৰ প্ৰাণ নতুনকৈ প্ৰতিষ্ঠা কৰিলে বুলিব পাৰি৷ কাৰণ এই কাকতৰ দ্বাৰা অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত এক নৱ যুগৰ সূচনা হৈছিল। বঙালী ভাষাৰ কবলৰ পৰা অসমীয়া ভাষাক উদ্ধাৰৰ পথ অৰুণোদইৰ জৰিয়তেই মুকলি হৈছিল আৰু আৰম্ভ হৈছিল অসমীয়া সাহিত্যৰ গৌৰৱময় জয়যাত্ৰা৷ মূলতঃ অসমত খৃষ্টান ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যসহ এই সংবাদ পত্ৰখন প্ৰকাশ কৰা হৈছিল যদিও ইয়াত গদ্য, পদ্য, ভূগোল, বুৰঞ্জী, নীতি কথা, সাধু কথা, দেশ-বিদেশৰ বতৰা, জীৱনী, কাহিনী আদি বিবিধ ৰচনাও প্ৰকাশ পাইছিল। ভালেকেইজন অসমীয়া লেখকে আমাৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত প্ৰথম খোজ দিয়ে এই কাকতখনৰ জৰিয়তে৷ আত্মপ্ৰকাশ ঘটে আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ দৰে লেখকৰ । ‘অৰুনোদই’ কাকততেই ‘দেওধাই অসম বুৰঞ্জী’, ’কামৰূপ বুৰঞ্জী’ আদি পুথিৰ লেখা প্ৰথম প্ৰকাশ পায়৷ প্ৰকাশ হয় গুণাভিৰাম বৰুৱাৰ আধুনিক নাট ‘ৰাম নৱমী’ৰ দৰে সংস্কাৰকামী নাট৷ পাছলৈ অৱশ্যে ১৮৮৩ চনত শিৱসাগৰস্থিত ’মিছন প্ৰেছ’টো বন্ধ হৈ যায়৷ ফলত 'অৰুণোদই’ কাকতৰ প্ৰকাশো বন্ধ হয়৷ লগে লগে অসমীয়া ভাষাৰ এক উজ্জীৱিত কাল "অৰুণোদই যুগ"ৰ সমাপ্তি ঘটে৷

"অৰুণোদই"ৰ_ইতিহাস : 
আহোম ৰাজত্ব শেষৰ ফালে মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত অসম জুৰুলা হৈ পৰিছিল৷ ইয়াৰ পৰিণতিত ইতিমধ্যেই ভাৰতত থিতাপি লোৱা "ইষ্ট ইণ্ডিয়া কোম্পানী’ৰ অৰ্থাৎ ইংৰাজসকলৰ অসম আগমনৰ সূচনা হয়৷ ১৮২৬ চনত মান আৰু ইংৰাজৰ মাজত সম্পন্ন হোৱা "ইয়াণ্ডাবু সন্ধি" অনুসৰি অসম ইংৰাজৰ শাসনাধীস্থ হয়৷ ইয়াৰ পাছত অসমৰ  ৰাজনৈতিক সামাজিক, আৰ্থিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক বিৰাট পৰিবৰ্তনৰ সূচনা হ’ল। সাহিত্যতো ইয়াৰ সুকীয়া আৰু স্পষ্ট প্ৰভাব পৰিলক্ষিত হৈ পৰে।

১৮৩৬ চনত ইংৰাজে প্ৰশাসনীয় সুবিধাৰ দোহাই দি অসমৰ বিদ্যালয়-মহাবিদ্যালয় আদি চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আদিত অসমীয়া ভাষাৰ পৰিবৰ্তে বাংলা ভাষা প্ৰচলন কৰে। ইয়াৰ কাৰণ আছিল ইংৰাজক শাসনত সহায় কৰিবলৈ পশ্চিম বংগৰ পৰা অহা বঙালী কাৰ্যবাহীসকলে নিজৰ সুবিধাৰ বাবে অসমীয়াৰ পৰিবৰ্তে বঙালী ভাষাক চৰকাৰী ভাষা কৰাত আগভাগ লৈছিল৷ তেওঁলোকে অসমীয়া ভাষাটো বঙালী ভাষাৰ  উপভাষা বুলি ইংৰাজক পতিয়ন নিয়াইছিল৷

ইতিমধ্যে অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰেন্সিছ জনকিন্সৰ আমন্ত্ৰণক্ৰমে অসমলৈ আগমন ঘটে 
আমেৰিকাৰ এটি খৃষ্টধৰ্মীয় ধৰ্মপ্ৰচাৰক সংস্থাৰ ৷ সংস্থাটো হ’ল - বেপ্টিষ্ট মিছনেৰী চ’চাইটি’৷
তেওঁলোক প্ৰথম উজনি অসমৰ শদিয়াত এটা খৃষ্টান মিছন পতাৰ উদ্দেশ্যেৰে অসমলৈ আহে। এই মিছনেৰী সকলৰ উদ্যোগতে ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ 'মিছন প্ৰেছ’ৰ পৰা মাহেকীয়া "অৰুনোদই" (Orunodoi) সংবাদ পত্ৰখন প্ৰথম বাৰলৈ প্ৰকাশ পায়। ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ড° নাথান ব্ৰাউন৷ এই মাহেকীয়া কাকতখনৰ সুদীৰ্ঘ ৩৭ বছৰীয়া যাত্ৰা কালত আন বহুকেইজন সম্পাদকে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁলোক হ’ল ক্ৰমে ড° নাথান ব্ৰাউন, এছ এম হোৱাইটিং, ড° মাইলছ ব্ৰন্সন, মিছেছ ৱাৰ্ড, ৰেভাৰেণ্ড ক্লাৰ্ক আৰু এ.কে গাৰ্নি। কাকতখনৰ বছেৰেকীয়া বৰঙণি আছিল ১ টকা৷ শেষৰ ফালে ২ টকা হৈছিলগৈ। ইয়াৰ  গ্ৰাহকৰ সংখ্যা ৭০০ জন পৰ্যন্ত হৈছিল বুলি জনা যায়৷
  
"অৰুনোদই"_যুগ : 
শিৱসাগৰৰ ‘মিছন প্ৰেছ’ৰ পৰা ১৮৪৬ খ্ৰীঃৰ জানুৱাৰী মাহৰ পৰা প্ৰকাশ পোৱা বৰ্তালোচনীখনৰ নামকৰণত ব্যৱহাৰ কৰা শব্দটোৰ বানান আছিল "অৰুনোদই"৷ সেই একেটা ৰূপতেই ই ১৮৬১ চনলৈকে  চলি থাকে। ১৮৬১ চনত বানানৰ ৰূপটোৰ পৰিবৰ্তন ঘটোৱা হয়৷ অৰ্থাৎ "অৰুনোদই"ৰ পৰিৱৰ্তে শব্দটো "অৰুণোদয়" ৰূপত নতুনকৈ বিন্যাস কৰা হয়। এনেদৰেই এই বাৰ্তালোচনীখন ১৮৮০ চনলৈ প্ৰকাশ হৈ থাকে। গতিকে ১৮৪৬ চনৰ পৰা ১৮৮০ চনলৈকে ব্যাপ্ত সুদীৰ্ঘ ৩৪ বছৰীয়া সময়খিনিত আমাৰ অসমীয়া সাহিত্যৰ জগতখনক ’অৰুনোদই’ বা ’অৰুণোদয়’ কাকতখনে নিয়ন্ত্ৰণ কৰে৷ সুদীৰ্ঘ এই কালচোৱাকে সাধাৰণতে "অৰুনোদই যুগ" বা "অৰুণোদয় যুগ" বোলা হয়। 

"অৰুনোদই"ৰ_অৱদান :
অসমীয়া ভাষা-সাহিত্যৰ উন্নতি আৰু প্ৰগতিৰ ক্ষেত্ৰত 'অৰুণোদই যুগ'ৰ অৱদান অপৰিসীম।যদিও মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাহন ৰূপেহে অৰুনোদই প্ৰতিষ্ঠা কৰি লৈছিল, কিন্তু কাকতখন প্ৰকৃতাৰ্থত অসমীয়া ভাষা সাহিত্যৰ মৃতসঞ্জীৱনী যেন হৈ পৰিল৷ খৃষ্টধৰ্মৰ প্ৰচাৰৰ আচিলাত প্ৰাণ পাই উঠিল অসমীয়া ভাষা জননীৰ সেৱাৰ অন্য এক অম্লান প্ৰদীপ৷ অসমীয়া ভাষাক ন্যায্যস্থানত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অৰুণোদয় যুগৰ সাহিত্য চৰ্চাই অতি মহৎ আৰু বৃহত্তৰ ভূমিকা পালন কৰিছিল।অৰুনোদই যুগৰ সাহিত্যৰ যোগেদি অসমৰ সাহিত্য সংস্কৃতিৰ পৰিমণ্ডল সমৃদ্ধিশালী আৰু ব্যাপক হৈ উঠে।

১৮৩৬ চনত চৰকাৰী মৰ্যাদাৰ পৰা নিৰ্বাসিত হৈ ১৮৭৩ চনত পুনৰ অসমীয়া ভাষাই চৰকাৰী ভাষাৰূপে পুনৰ স্বীকৃতি লাভ নকৰালৈকে মুঠ ছয়ত্ৰিশটা বছৰ অসমীয়া ভাষা সাহিত্যৰ বাবে চৰম দুৰ্যোগৰ কাল। এই সুদীৰ্ঘ কালচোৱাত অসমীয়া ভাষাৰ সন্ঢালন চৰ্চাৰ অভাৱ আৰু বঙলা ভাষাৰ সহজ বিস্তাৰৰ ফলত অসমীয়া ভাষাৰ অনেক বিপৰ্যয় ঘটিছিল৷ আখৰ জোঁটনি, শব্দাৱলীৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত এক ব্যাপক বিশৃংখলাই দেখা দিছিল।  ভাষাৰ এনে সংকটৰ সময়তে অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ অহা আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে অসমীয়া ভাষাৰ ব্যাকৰণ, অভিধান আদি ৰচনা কৰে৷ তেওঁলোকেই যেন  স্কুল আদালতৰ পৰা নিৰ্বাসিত হোৱা অসমীয়া ভাষাক পুনঃ প্ৰতিষ্ঠাৰ বাবে এক বাস্তসন্মত চেষ্টা চলালে প্ৰথম বাৰলৈ। বিজ্ঞান প্ৰযুক্তিক আনি কৌশলেৰে ভাষা সাহিত্যৰ বাহক কৰি তুলিলে অৰ্থাৎ ছপাশাল স্থাপন ককি বাতৰি প্ৰকাশ কৰিলে৷ অৰুনোদই প্ৰকাশৰ আগলৈকে অসমত ছপা আখৰত কোনো বাতৰি, আলোচনী বা পুথি আদি প্ৰকাশ হোৱা নাছিল৷ সাঁচিপাতত লিখিত পুথিৰহে প্ৰচলন আছিল৷ 

"অৰুণোদই"ৰ_লেখকসকল: 
অৰুনোদয় কাকতত খৃষ্টিয়ান লেখকসকলৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অনাখ্ৰীষ্টিয়ান লেখকসকলে সাহিত্য চৰ্চাৰ দ্বাৰা অসমীয়া ভাষা-সাহিত্যক নতুন গতি দিবলৈ সক্ষম হয়৷ অৰুনোদই বাৰ্তালোচনীয়ে অসমৰ জাতীয় জীৱনত এক অভিনৱ বৌদ্ধিক জাগৰণ সৃষ্টি কৰে আৰু অসমীয়া ভাষা আৰু সাহিত্যক সঞ্জীৱনী শক্তি প্ৰদান কৰে। অৰুণোদয় যুগত খৃষ্টিয়ান লেখকসকলৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অখৃষ্টিয়ান লেখকসকলে অসমীয়া ভাষা-সাহিত্যলৈ বহুমূলীয়া অৱদান আগবঢ়াই যুগটোক বিশেষভাৱে সমৃদ্ধ কৰি থৈ গৈছে। এইসকলৰ লগতে সাহিত্য চৰ্চাত ব্ৰতী হোৱা আন উল্লেখযোগ্য সাহিত্যিকসকলৰ ভিতৰত অন্যতম হ’ল কমলাকান্ত ভট্টাচাৰ্য, বলিনাৰায়ণ বৰা, পদ্মাৱতী দেৱী ফুকননী, পূৰ্ণানন্দ শৰ্মা, দয়াৰাম চেতিয়া, বলৰাম ফুকন, কিনাৰাম সত্ৰিয়া, যজ্ঞৰাম দেওধাই বৰুৱা, কাতিৰাম গোঁহাই, জাতিৰাম গোহাঁই, ধৰ্মকান্ত গোহাঁই আদি৷ 

অসমীয়া_ভাষাৰ_মান্য_ৰূপ : 
"অৰুনোদই" বা "অৰুণোদয়" কাকতত খৃষ্টান পাদুৰী সকলে শিৱসাগৰ অঞ্চলৰ ৰাইজে ব্যৱহাৰ কৰা ভাষাটোক সাৰোগত কৰি সকলোবোৰ লেখা ছপা আখৰত প্ৰকাশ কৰিছিল৷ ফলত উজনি অসমৰ কথিত ভাষাৰ ৰূপটো সমগ্ৰ অসমত সন্ঢালনকৈ প্ৰচলন ঘটে৷ কালক্ৰমত এই ভাষাৰ ৰূপটোৱেই অসমীয়া মান্য ভাষাৰ ৰূপত পৰিচিত হয়৷ 

অৰুনোদয়ে দেখুৱাই যোৱা আদৰ্শৰে বাট বুলি পাছলৈ ১৮৮৯ চনত কলকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা অসমীয়া যুৱকসকলৰ উদ্যোগত প্ৰকাশ পায় "জোনাকী" আলোচনী৷ এই জোনাকীৰ পাছতো ভালেকেইখন আলোচনীৰ যোগেদি অসমীযা ভাষা সাহিত্যৰ শ্ৰীবৃদ্ধি ঘটে৷ অৰুনোদয়ে তাহানি কালতে দেখুৱাই যোৱা মহাযাত্ৰাৰ গতি আজিও যতি নপৰাকৈ সগৌৰৱে অসমীয়া ভাষা সাহিত্যত চলি আছে৷ অনেক বাতৰি কাকত আৰু আলোচনীৰ যোগেদি অসমীয়া ভাষা জননীৰ জয়যাত্ৰা অব্যাহত হৈ ৰৈছে৷ অৰুনোদই কাকতৰ ওচৰত অসমীয়া জাতি চিৰকৃতজ্ঞ হৈ ৰ’ব৷
 
শ্ৰী প্ৰতাপ কুমাৰ বৰুৱা।
জাঁজী, জামুগুৰি।
 

পৃষ্ঠা ৭
প্ৰৱন্ধঃ

অসমৰ দৌল উৎসৱ

প্ৰণৱ ফুকন, নতুন দিল্লী

দোলযাত্ৰা পূৰ্ব ভাৰতৰ এক জনপ্ৰিয় উৎসৱ ৷ হলি বা ফাকুৱাৰ দিনা ৰাধাকৃষ্ণক দোলনাত বহুৱাই পাছদিনা শোভাযাত্ৰা কৰা হয় ৷ ভক্ত প্ৰহ্লাদক পেঁহীয়েক হোলিকাই বধ কৰিবলৈ অহাত নৰসিংহ মূৰ্ত্তি ধৰি বিষ্ণুৱে হোলিকাক বধ কৰে ৷ তাৰেই চিনস্বৰূপে হোলিকাৰ প্ৰতিমূৰ্ত্তি দাহ কৰা হয় বাবে এই উৎসৱৰ নাম হলি হয় ৷ শঙ্খচূড় বা হোলিকা বা হোলোকা দৈত্যৰ বধৰ লগতো এই উৎসৱ জৰিত বুলি বিশ্বাস কৰা হয় ৷  অসমৰ দৌল উৎসৱৰ প্ৰেৰণা দোলযাত্ৰাৰ পৰাই আহিছে ৷ কিন্ত দৌল উৎসৱৰ আড়ম্বৰে ইয়াক এক স্বকীয়তা প্ৰদান কৰিছে ৷ 

বৰদোৱাত দৌল উৎসৱৰ আৰম্ভণি: অসমত নৱ- বৈষ্ণৱবাদৰ প্ৰথম প্ৰচাৰ আৰু প্ৰসাৰ হয় মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱ উদ্যোগত পঞ্চদশ শতিকাৰ দ্বিতীয়াৰ্ধ আৰু ষোড়শ শতিকাৰ প্ৰথমাৰ্ধত ৷  নিজ জন্মস্থান বৰদোৱা বা বটদ্ৰৱাত গুৰুজনাই এখন সত্ৰ স্থাপন কৰে ৷ গুৰুজনাই মাথোঁ এবাৰেই বসন্তৰ ৰঙৰ উৎসৱ হলি বা ফাকুৱা পালন কৰে এই সত্ৰতে ৷ তেখেতে বৃন্দাবনৰ হলিৰ বৰ্ণনা "কীৰ্ত্তন"ত এইদৰে কৰিছে:  

"ৰঙ্গে ফাকু খেলে চৈতন্য বনমালী
দুহাতে ফাকুৰ গুণ্ডা
সিচন্ত মুৰাৰী”

হলিৰ বৰ্ণনা দ্বিতীয় স্কন্দ ভাগৱতত কৰা হৈছে:

যাত লক্ষ্মী মনোহৰ মুৰতিক ধৰি ৷
কৃষ্ণৰ উৎসৱ যাত্ৰা কৰন্ত সাদৰি ৷৷
কৃষ্ণক দোলত কতো দোলাসনে তুলি ৷
মুখে কৃষ্ণ গীত গান্ত আনন্দত ডুলি ৷৷
দণ্ড ছত্ৰ চমৰ ধৰিয়া ভক্ত চয় ৷
জয় জয় কৃষ্ণ বুলি ফাল্গু সিঞ্চৰয় ৷৷

বৰদোৱাত শঙ্কৰদেৱে এটি কীৰ্ত্তনঘৰ সজাৰ ইচ্ছা বেকত কৰে ৷ ইয়াৰ বাবে ভেটি খান্দিবলৈ গুৰুজনাই নিজেই হাতত কোৰ লয়; সকলো ভকতে হাতে-কামে যোগ দিলে ৷ এই খননত বিষ্ণুৰ চতুৰ্ভুজ মূৰ্ত্তি প্ৰকট হয় ৷ গুৰুচৰিত পুথিত আছে:

"শঙ্কৰে কীৰ্ত্তনঘৰ সাজিবলৈ লৈলা
ভিটি বান্ধিবাক লাগি সমস্ত আহিলা
আপুনি শঙ্কৰে পাছে কুকুকে ধৰিলা
পৃথিৱীত চতুৰ্ভুজ মূৰ্ত্তিক দেখিলা”

কীৰ্ত্তনঘৰত এই মূৰ্ত্তি স্থাপন কৰি হলিৰ দিনা এক বৰ্ণাঢ্য শোভাযাত্ৰাৰে নগৰ ফুৰাই অসমত দৌল উৎসৱৰ আৰম্ভণি কৰা হয় ৷ বৰদোৱাত প্ৰকৃততে দুখন সত্ৰ আছে; এবছৰ এখন সত্ৰত আৰু আন বছৰ আনখন সত্ৰত দৌল উৎসৱ উদযাপিত হয় ৷ 

গুৰুজনা বেছি দিন বৰদোৱাত তিষ্ঠিব নোৱাৰিলে ৷ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আহোম স্বৰ্গদেউৰ মনঃপুত নাছিল ৷ গতিকে গুৰুজনা কোচ ৰজাৰ কাষ চাপে ৷ গুৰুজনাৰ সৰহ সংখ্যক ৰচনা কোচ ৰাজ্যত থকা কালৰে ৷ 

গুৰুজনাই বৰপেটাত অনেক দিন যাপন কৰিছিল আৰু পাটবাউসী সত্ৰ প্ৰতিষ্ঠা কৰিছিল ৷ সেই সময়তে বাৰ বৈষ্ণৱ একেলগ হৈছিল বুলি কোৱা হয় ৷ দৌলৰ সময়ত এই বাৰ বৈষ্ণৱ -  শ্ৰীশ্ৰীশঙ্কৰদেৱ, শ্ৰীশ্ৰীমাধবদেৱ, ভাস্কৰ বিপ্ৰ, ব্যাস কলাই, অনন্ত কন্দলি, দামোদৰদেৱ, গোপাল আতা, হৰিদেৱ, ৰামচৰণ, গোবিন্দ গাৰো, নৰোত্তম দাস আৰু চান্দসাইক শ্ৰদ্ধাৰে সোঁৱৰা হয় ৷ 

বৰপেটাৰ দৌল উৎসৱ: আড়ম্বৰপূৰ্ণ আনুষ্ঠানিকতাৰ বাবে বৰপেটাৰ দৌল উৎসৱ অতি প্ৰখ্যাত ৷ এই উৎসৱত বৰপেটাৰে নহয় কাষৰ বহু ঠাইৰ লোকে যোগদান দি ইয়াক বিশেষত্ব প্ৰদান কৰে ৷ বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৈকুণ্ঠৰ দৌল উৎসৱৰ আৰ্হিত বৰপেটাত দৌলৰ আয়োজন কৰে ৷ সেয়ে বৰপেটাক দ্বিতীয় বৈকুণ্ঠপুৰী বোলা হয় ৷ হলি চ’ত মাহত হ’লে তিনিদিনীয়াকৈ "বুঢ়া দৌল" আৰু ফাগুন মাহত হলি আহিলে পাঁচদিনীয়াকৈ "ডেকা দৌল" উৎসৱ উদযাপন কৰা হয় ৷ মূল অনুষ্ঠান দুয়ো ক্ষেত্ৰতে পূৰ্ণিমাৰ দিনা পতা হয় ৷

দৌলৰ প্ৰথম দিনৰ নাম গন্ধ ৷ সেইদিনা সত্ৰৰ ভকতসকলে নল, খাগৰী আদিৰে মেজী সাজে ৷  সন্ধিয়া মহাপ্ৰভু দৌল গোবিন্দ কলীয়া ঠাকুৰক গায়ন- বায়নেৰে বাহিৰলৈ আনি মেজী জ্বলাই তাৰ চাৰিওফালে সাত পাক ঘূৰাই মেজী পুওৱা হয় ৷ আতচবাজীৰে সুশোভিত এই অনুষ্ঠানত সকলো ৰাইজে আনন্দত নাচি উঠে ৷ ইয়াৰ পাছত মহাপ্ৰভুক যোগমোহন ঘৰলৈ অনা হয় ৷ ৰাতি এক শুভ মূহূৰ্তত হলিগীতেৰে সপ্ত থক পাৰ কৰি দৌল ঘৰলৈ অনা হয় ৷ মাধৱদেৱ বিৰচিত বৰগীতত আমি পাওঁ: 

ফাগু খেলে
কৰুণাময় আনন্দ কুমাৰ
দেৱৰ দুৰ্লভ কেলি ফাগুৰ বিহাৰ 

দ্বিতীয় দিনৰ নাম ভৰ দৌল ৷ সেইদিনা বৈষ্ণৱসকলে যোগমোহন ঘৰত নাম- প্ৰসংগ কৰে ৷ ওজাপালি, গায়ন - বায়ন আৰু ঢুলীয়া নৃত্য, হলিগীতে দৌলৰ দিনকেইটা ভৰাই তোলে ৷

খেলে হোলি বৃন্দাবনে
মন প্ৰাণ জ্বলে জ্বলে
পৰম উল্লাসে গোপ গোপী ৰঙ্গ কৰে
ফাগুন উৎসৱে

দৌলৰ শেষৰ দিনটোক কোৱা হয় ফাকুৱা বা সুৱেৰী বুলি ৷ সৌৰ শব্দৰ পৰাই সুৱেৰী শব্দৰ উৎপত্তি হৈছে ৷ পুৱা মহাপ্ৰভুক যোগমোহন ঘৰৰ পৰা কীৰ্ত্তন ঘৰলৈ অনা হয় ৷ দুপৰীয়া মহাপ্ৰভুক বাহিৰলৈ অনা হয় ৷ জনসাধাৰণে ফাকু গুড়ি চতিয়াই আনন্দ কৰে ৷ হলিগীতৰ মূৰ্চ্ছনাৰে সমস্ত বৰপেটা গুঞ্জৰিত হৈ উঠে ৷ 

প্ৰকৃতি পুৰুষ দুয়োৰো নিয়ন্তা মাধৱ হে
সমস্তৰে আত্মা হৰি পৰম মাধৱ হে

কলিয়া ঠাকুৰক এখন সুসজ্জিত দোলাত বহুওৱা হয় ৷ অনতিপলমে বাৰাদি  সত্ৰৰ মহাপ্ৰভুও আহি পায় ৷ দুয়োকে হলিগীত গাই শোভাযাত্ৰা কৰা হয় ৷ মহাপ্ৰভুৱে এইদৰে গৈ গণককুছি কলবাৰী সত্ৰত “ঘুনুচা”ৰ লগত হলিৰ আনন্দ উপভোগ কৰিছিল বুলি কল্পনা কৰা হয় ৷  

খেলে হোলী কৃষ্ণ যদুৰায়
আজি উৰাই দশোদিশে 
মিলনৰে ৰঙ্গ

এই সত্ৰতে "হেকেটা খুওৱা”ৰ লোকাচাৰ দৌল উৎসৱত জৰিত আছে ৷ এনে কোনো সত্ৰ প্ৰকৃততে নাই; মাত্ৰ হেকেটা খুওৱাৰ ভেটিহে আছে ৷ হেকেটা খাই মহাপ্ৰভু উভতি আহে ৷ "ঘুনুচা"ৰ লগত  সময় কটাই অহাৰ বাবে লক্ষ্মীদেৱীয়ে হেনো প্ৰভুক ঘৰত সোমাবলৈ দিয়া নাছিল ৷ তদ্ৰুপ ইয়াতো মহাপ্ৰভুক চাৰিডাল বাঁহেৰে ভেটা হয় ৷ মহাপ্ৰভুয়ে এই বাঁহ ভাঙি কীৰ্ত্তনঘৰৰ চৌদিশে সাত পাক মাৰি কীৰ্ত্তনঘৰত প্ৰৱেশ কৰাৰ আগেয়ে মঠৰ চোতালত নাটকীয় ভাৱে “বোল-বোলনি” অনুষ্ঠান হয় ৷ শ্ৰীধৰ কন্দলিৰ ঘুনুচা কীৰ্ত্তনৰ আধাৰত সৃষ্টি হোৱা এই অনুষ্ঠানৰ বোল অৱশ্যে বৰপেটা সত্ৰৰ নিজস্ব ৷ ইয়াত এজন ভকতে প্ৰভুৰ পক্ষলৈ আৰু আন এজনে লক্ষ্মীদেৱীৰ পক্ষলৈ বাদ আৰম্ভ কৰে ৷ মহাপ্ৰভু পৰাজিত হৈ দণ্ড দি গৰ্ভগৃহত প্ৰৱেশ কৰে আৰু বৰপেটাৰ দৌল উৎসৱৰ যৱনিকা পৰে ৷

“সন্ধ্যা সময়ত কৰিয়া অনেক উৎসৱ
দৌলৰ ভিতৰ গৈয়া পাইলন্ত মাধৱ"

মাজুলীৰ দৌল উৎসৱ: সত্ৰৰ পুৰী মাজুলীয়ে দৌলৰ সময়ত এক আনন্দ আৰু ৰঙৰ পোহাৰ মেলি দিয়ে ৷ গকুলত শ্ৰীকৃষ্ণই গোপ- গোপীসকলৰ লগত এই উৎসৱ উদযাপন কৰাৰ কথা গুৰুদুজনাই বৰ্ণনা কৰি গৈছে ৷ একেই পৰম্পৰাগত উছাহেৰে মাজুলীত দৌল উৎসৱ উদযাপন কৰা হয় ৷ ফল্গুৎসৱ, দৌল যাত্ৰা, ফাকুৱা আদি বিভিন্ন নামেৰে জনাজাত এই উৎসৱ হ'ল ৰঙৰ উৎসৱ ৷ 

মাজুলীৰ সত্ৰসমূহত আৰু গাৱে - ভুঁঞে এই উৎসৱৰ লহৰ দেখা যায় ৷ ফাগুন অথবা  চ’ত মাহত দৌল উৎসৱ উদযাপিত হয় ৷ পূৰ্ণিমাৰ দিনা শ্ৰীকৃষ্ণ দৌল গোবিন্দৰ প্ৰতিমূৰ্ত্তি মেজীৰ চৌদিশে সাত পাক ঘূৰাই এখন দোলনাত ৰাখি তিনিদিনীয়া এই উৎসৱৰ আৰম্ভণি কৰা হয় ৷ তৃতীয় দিনা অপৰাহ্ণত মন্দিৰৰ দৰে সজোৱা ৰথ বা পাল্কিত গোঁসাইক লৈ শোভাযাত্ৰা কৰা হয় ৷ গাঁৱৰ ৰাইজে সেৱা জনাই মহাপ্ৰভুৰ আশীৰ্বাদ বিচাৰে ৷  শোভাযাত্ৰাৰ শেষত প্ৰভুক পুনৰ ঘূৰাই সত্ৰলৈ লৈ যোৱা হয় ৷ ভক্তগণে প্ৰভুলৈ আৰু এজনে আনজনলৈ আবিৰ ছটিয়াই ৷ সৰ্বশেষত প্ৰভুৰ প্ৰতিমূৰ্ত্তি পুনৰ যথাস্থানত স্থাপন কৰি দৌল উৎসৱৰ সামৰণি মৰা হয় ৷

দৌল গোবিন্দ মন্দিৰৰ উপাখ্যান: প্ৰবাদ মতে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ মহাপ্ৰভুৰ মূৰ্ত্তি আছিল হৰদত্ত আৰু বীৰদত্তৰ পাৰিবাৰিক দেৱতা ৷ দন্দুৱা দ্ৰোহৰ গুৰি ধৰোতা এই দুই ভ্ৰাতৃয়ে আহোম ৰাজ্যৰ পৰা স্বাধীনতা ঘোষণা কৰি ৰঙীয়া চহৰত ৰাজধানী পাতিছিল ৷ কলীয়া ভোমোৰা বৰফুকনৰ নেতৃত্বত অহা আহোম সৈন্যবলৰ কাষত পৰাজিত হৈ দুয়ো পলায়ন কৰে ৷ পাৰিবাৰিক দেৱতাৰ মূৰ্ত্তিজনা কাষৰে এখন বননিত পুতি থৈ যায় ৷ পাছত দুয়োকো ধৰি আনি ৰাজহুৱাভাৱে মৃত্যুদণ্ড বিহা হয় ৷ বননিত পুতি থোৱা মূৰ্ত্তিজনা কিছু বছৰৰ পাছত প্ৰকট হয় দৈৱক্ৰমে ৷  

প্ৰায় ১৫০ বছৰমান আগতে গুজৱ উঠিল যে এজনী খিৰতী গায়ে নিতৌ ধলপুৱাতে পঘা চিঙি ৰঙীয়াৰ কাষৰ জেকেৰীয়াৰ সন্ধ্যাঝৰ নামৰ এখন বননিলৈ ধাপলি মেলি এজোপা বিৰিণাৰ জোপোহাৰ কাষত ৰয়গৈ আৰু তাইৰ ওহাৰৰ পৰা আপোনাআপুনি গাখীৰ বৈ যায় ৷ এই জনৰৱ সদৰ আমীন গঙ্গাৰাম বৰুৱাৰ কাণতো পৰিলগৈ ৷ তেখেতে নিজেই  গৈ এই ঘটনা প্ৰত্যক্ষ কৰি সেই ঠাইত খনন কৰোৱাত বংশীবাদন শ্ৰীকৃষ্ণৰ মূৰ্ত্তি ওলাই পৰিল ৷ তেখেতে নিজ পৰিয়ালৰ মাটি দান কৰি মন্দিৰ সজাই এই মূৰ্ত্তি প্ৰতিষ্ঠা কৰে ৷ যিহেতু দৌলৰ দিনা মূৰ্ত্তি প্ৰতিষ্ঠাপিত হ'ল সেয়ে এই মন্দিৰ দৌল গোবিন্দ নামেৰে জনাজাত হ'ল ৷ এই মন্দিৰৰ দৌল উৎসৱ অতি বৰ্ণাঢ্য ৷ দৌল গোবিন্দৰ মূৰ্ত্তি অতি জাকজমকতাৰে শোভাযাত্ৰা কৰি উলিয়াই নিয়া হয় ৷ সকলো ভক্তই গোঁসাইলৈ আৰু ইজনে সিজনলৈ ফাকুগুৰি চতিয়াই শোভাযাত্ৰাৰ শোভা বঢ়ায় ৷ 

অসমৰ সকলো সত্ৰ আৰু অন্যান্য অনেক ঠাইত দৌল উৎসৱ উদযাপন কৰা হয় ৷ ৰঙৰ উৎসৱ হলিৰ সৈতে ভক্তিৰ সমাহাৰেৰে সৃষ্টি কৰা ই এক অনন্য অনুভূতি ৷


পৃষ্ঠা ৮

বিহুৰ অতীত আৰু বৰ্তমান
দীপশিখা হাজৰিকা বৰুৱা
(দুলীয়াজান)
9365279944

বিগত বছৰটি আমি আতংকৰ মাজেৰেই পাৰ কৰিলো। বৰ্তমানেও বিশ্বৰ লগতে ভাৰতৰো কিছু কিছু ঠাইত ক'ৰণা ব্যাধিয়ে দেখা দিছে, হয় কৰণাৰ আতংকয়ে সকলোকে আতংকিত কৰি ৰাখিছে। এনে সময়তে অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুটি আহি দুৱাৰদলি পালেহি। যি কি নহঁওক কিয়নো, মানুহ জীয়াই থাকিলেহে কৃষ্টি জীয়াই ৰাখিব পাৰিম নহয় জানো। আগৰ নিচিনাকৈ এইবাৰ বিহু গমগমীয়া হয় নে নহয় নে যোৱা বছৰৰ দৰে ফিকা হৈয়ে ৰয় সেইয়া এতিয়াও ক'ব পৰা নেযাৱ। কোনো কথা নাই।বিশ্বৰ ব্যাধি আটৰাৰ পিছত ভালকৈ পিছলৈ আয়োজন কৰা হ'ৱ। বৰ্তমান  মই লিখিব লোৱা বিষয়টো হৈছে, বিহুৰ অতীত আৰু বৰ্তমান।বিহুবুলি ক'লেই প্ৰতিজন অসমীয়াৰ হৃদয়ত এক শিহৰণকাৰী অনুভৱৰ সৃষ্টি হয়। অসমীয়াৰ সাতামপুৰুষীয়া এই বিহু শব্দটো অসমীয়াৰ জাতিৰ ঐক্যৰ প্ৰতীক। তাহানিতে বিহু উজনি অসমতে সীমাবদ্ধ আছিল। বৰ্তমান গতিশীল সময়ৰ বুকুত সমগ্ৰ ভাৰততে ই বিয়পি পৰিল।বিহুৱে, আচলতে আহোম স্বৰ্গদেউৰ দিনতহে ৰাজকীয় সন্মান লাভ কৰিছিল। প্ৰকৃততে আহোম ৰাজত্বই দিয়া আদিম লোক উৎসৱৰ ই এক আধুনিক ৰূপ। এই বিহুক কৃষি ভিত্তিক হিচাপে সকলোঁ জাতি জনগোষ্ঠীয়ে পালন কৰে।খাটিখোৱা গাৱলীয়া চহা জীৱনৰ আৱেগ, অনুভূতিৰ বৰ্হি প্ৰকাশ ঘটে এই বিহুৰ জৰিয়তে।অতীতত বিহুত ডেকা গাভৰু সকলে গীতমাত নৃত্য কৰিছিল প্ৰকৃতিৰ এক মনোমোহা পৰিৱেশত। নাচনীহঁতে ফুল তোলা বিহুৱান হাঁচতিত থুৰীয়া তামোল মৰমৰ চেনাইক যাচেহি, চেনাইটিয়েও পাহাৰ বগাই কপৌফুল আনি চেনেহীৰ খোপাত গুজি দিয়ে। বৰ্তমান বিহুৰ অতীত আৰু বৰ্তমানৰ মাজত পাৰ্থক্য আহি পৰিছে। চহৰকেন্দ্ৰিক আধুনিক জীৱন যাত্ৰাত বিহুত কুলি কেতেকীৰ মাত শুনিবলৈ বাট চাব নালাগে। বিহুগীতবোৰ সলনি হৈ ৰি-মিস্ক বিহু হ'ল। অসমীয়াৰ বিহুৰ পিঠা পনা, দৈ চিৰাক লৈ ব্যৱসায় আৰম্ভ হ'ল। ঢোল পেঁপা-গগনা, আ-অলংকাৰ সকলোঁৰে ব্যৱসায় আৰম্ভ কৰি অসমৰ মানুহক ব্যৱসায়িক মুনাফা আদায় কৰি অসমৰ মানুহক সাংস্কৃতিক আৰ্থ-সামাজিক দিশত কোঙা কৰি পেলালে। অৰ্থাৎ বিহুক আধুনিকীকৰণ আৰু বাণিজ্যিককৰণ কৰা হ'ল।মুঠতে বিহুৰ স্বকীয় ৰূপ মলিন হৈ গৈছে। বিহু কেৱল কৃষি ভিত্তিক উৎসৱ হৈ থকা নাই। সম্পূৰ্ণ চহৰীয়া আদৱ কাইদাৰে লালিত পালিত হৈ চহৰবাসীৰ বাবে ই এক উৎসৱৰ মেলা হৈ পৰিছে। বিহুক চাও প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰি ৰাজকীয় ৰ্ময্যদাৰে বিহুক ৰাইজৰ মাজলৈ উলিয়াই দিছিল। বিহু আছিল মূলত সাত প্ৰকাৰৰ। (১)চ'তৰ বিহু-এসময়ত চ'তৰ মাহ সোমোৱাৰ লগে লগে উজনি অসমৰ ডেকা গাভৰুসকলে বিহুৰ আখৰা আৰম্ভ কৰা দিনটোকে চ'তৰ বিহু বোলে।   (২)ৰাতিৰ বিহু- চ'ত বিহুৰ আৰম্ভণিৰে পৰা ডেকা গাভৰুৱে ৰাতি ৰাতি কৰা আখৰা বিহুক ৰাতি বিহু বোলে।  (৩)গৰু বিহু-চ'ত মাহৰ সংক্ৰান্তিৰ দিনাখন গাঁও, নগৰ সকলো অঞ্চলতে ৰাতিপুৱা মাহ-হালধিৰে নোঁওৱাই গধূলিলৈ নতুন তৰা গছৰ পঘাৰে বান্ধি নানান নিয়মেৰে গো-সেৱা কৰে। সেই দিনটোকে গৰু বিহু বোলে।  (৪)মানুহ বিহু-চেনেহী বহাগ বিহুৰ এক তাৰিখটোৱে হৈছে মানুহৰ বিহু। সেই দিনা ইজনে সিজনক আদৰ সন্মান মৰম চেনেহ শ্ৰদ্ধাভক্তি কৰে। সেই দিনাৰ পৰাই গৃহস্থৰ ঘৰে ঘৰে চোতালত হুঁচৰি গোৱাৰ পৰম্পৰা আছে আৰু এসময়ত গছ তলৰ গাভৰু বিহুও ব'হাগৰ এক তাৰিখৰ পৰায়ে গাভৰু সকলে আৰম্ভ কৰিছিল।  (৫)কুটুম বিহু-বহাগৰ দ্বিতীয় দিনাখন সাধাৰণতে ঘৰৰ মিতিৰ কুটুমৰ ঘৰলৈ ফুৰিবলৈ যোৱা বাৱে কুটুম বিহুবুলি কোৱা হয়।  (৬)হাট বিহু বা মেলা বিহু-বহাগৰ দ্বিতীয় দিনটোত নিজৰ যাৱতীয় নীতি নিয়ম সমূহ শেষ মুকলিমূৰীয়াকৈ সকলোঁৱে চলা ফুৰা কৰিব পৰা হয় কাৰণে মেলা বিহু বুলি কোৱা হয়। (৭)চেৰা বিহু-বিহুৰ সাত দিনৰ শেষত বিহু উৰুৱাই দিয়াৰ নিয়ম আছিল।সেই কাৰণে সেই দিনটোক চেৰা বিহু বুলি কোৱা হৈছিল।ঐতিহ্যৰে পৰিপূৰ্ণ বিহুক এতিয়া বহুতে নতুন নতুন পৰম্পৰা সংযোগ কৰি বিহুক বিজতৰীয়া ৰূপ দিবলৈ চেষ্টা কৰাটো খুৱেই দুখৰ বিষয়। প্ৰকৃতিৰ পৰিৰ্বতনত নহয়, মানুহৰ উৎপাতত সাতদিনৰ বিহু আজিৰ তাৰিখত ডেৰমহীয়া হ'ল। বিহুৰ এই কলা সংস্কৃতিখিনি আমাৰ জাতীয় ঐশ্চৰ্য্য ঐতিহ্যৰ অকৃত্ৰিম সম্পদ। এই সম্পদ আৰু সংস্কৃতি ৰীতি নীতি সমূহ সংৰক্ষণ কৰাতো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য।


পৃষ্ঠা ৯

ঢোল -- অসমীয়া সংস্কৃতিৰ এক অনন্য অংগ

মিতালী মহন্ত

    অসমীয়া লোক কৃষ্টিৰ এক অবিচ্ছেদ্য অংগ হ'ল ঢোল । ঢোলৰ অবিহনে ৰঙালী বিহু কল্পনা কৰিব নোৱাৰি । ঢোলৰ মাত শুনিলেহে বিহু বিহু লাগে । বিহুৱা বিহুৱতীৰ গা উঠে । ঢোলৰ মাতে অসমীয়াৰ ভাগৰ পলুৱাই । কেৱল বিহুতে নহয় অসমীয়াৰ  বিভিন্ন  উৎসৱ পাৰ্বনতো  ঢোলৰ ব্যৱহাৰ হয় । ঢোল অসমীয়াৰ কৃষ্টিৰ আৰম্ভণিতে লগ লাগিছিল যদিও একৈশ শতিকাতো  এৰিব পৰা‌ নাই । বৰঞ্চ ইয়াৰ ব্যৱহাৰ দিনে দিনে বাঢ়িহে আহিছে ।

    ঢোলৰ ইতিহাস বিচাৰ কৰিলে দেখা যায় যে ভাৰতবৰ্ষৰ বাদ্য যন্ত্ৰৰ ইতিহাসৰ অথবা বেদৰ যুগৰে পৰা ঢোল প্ৰচলন হৈ আছে । The  Dictionary of Mythology , Folklore , and Symbols " নামৰ গ্ৰন্থখনত তিনিহেজাৰ বছৰৰ আগতেই মেচোপটেমীয়াত আৰু খৃষ্টপূৰ্ব দুই হেজাৰ বছৰৰ ভিতৰত ভাৰতবৰ্ষত ঢোলবাদ্য ব্যৱহৃত হৈছিল ।  আনহাতে Standard Dictionary of Folklore , Mythology and legend  নামৰ গ্ৰন্থখনৰ মতে দক্ষিণ আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ঢোল উৎপত্তি হৈছিল আৰু পাছলৈ ই প্ৰাচ্য দেশসমূহৰ সমগ্ৰ এছিয়ালৈ আৰু তাৰ পিছত ইউৰোপৰ দেশবোৰলৈকো সৰবৰাহ ঘটিছিল । 

    ঢোলৰ ব্যৱহাৰ মূলত: বিহুৰ লগতহে যদিও বিয়াৰ লগত জড়িত কিছু কিছু অনুষ্ঠানতো  ব্যৱহাৰ দেখা যায় । যিহেতু বিহুৰ লগত ঢোলৰ অঙ্গাঙ্গী সম্পৰ্ক গতিকে বিহু গীত আৰু নৃত্যত বহুল ভাৱে ঢোলৰ ব্যৱহাৰ পোৱা যায় । বিহু গীতবোৰত ঢোলৰ উল্লেখ  পোৱা যায় বিভিন্ন ধৰণে,

ঢোলে দি নচুৱাম 
তোকে হে'ৰ নাচনী
অ' নাচনী 
মৰম দি নচুৱাম তোক (বিহুগীত)

ঢোলৰ মাতে নাচনীক যেন মন্ত্ৰমুগ্ধ কৰি তোলে । বিহু আছে 
ঢোলৰে ধিনিকি মাতে সমনীয়া 
ঢোলৰে ধিনিকি মাত
ঢোলৰ মাতে শুনি 
মনত উজান ভাটি
নাচনীৰ তত নাই গাত ।

    ঢোলৰ মাতে মনৰ জড়তা আঁতৰাই দেহ মনলৈ নতুন প্ৰাণৰ সঞ্চাৰ কৰে । বিহু গীতত আছে,

ঢোলে ভালে কৰি বা অ'  ঢুলীয়া 
ঢোলে ভালে কৰি বা 
ঢোলৰে চাপৰত বিহুটি আহিলে
কেনেবা  কৰিলে গা 

    ঢোলৰ উল্লেখ কেৱল মৌখিক সাহিত্যতেই নহয়  লৌকিক সাহিত্যতো পোৱা যায় । অসমীয়া কবিতাটো ঢোলৰ বিষয়ে  উল্লেখ আছে ।  অসমীয়া গীতৰ মাজতো ঢোলৰ উল্লেখ পোৱা যায় । 
ওজাপালিৰ প্ৰদৰ্শনতো  ঢোল ব্যৱহাৰ কৰা হয় ।

    বৰ্তমান  ঢোল শিকাৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠান  আছে । ইয়াৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত ঢোলৰ শিক্ষাই  প্ৰচাৰ লাভ কৰিছে । এয়া অতি আশাৰ পদক্ষেপ । ঢোলৰ যাদুকৰ মঘাই ওজাই ঢোলক ভাৰতৰ লগতে বিশ্বকো চিনাকি কৰাই দিছিল । 

    এনে এটি লোকবাদ্য যাতে আমাৰ মাজৰ পৰা হেৰাই নাযায় তাৰবাবে আমি সকলো যত্নপৰ হোৱা উচিত ।


পৃষ্ঠা ১০
ধাৰাবাহিক উপন্যাসঃ
ধুমুহাই ভঙা সপোন

দুৰ্গেশ্বৰ শইকীয়া
মাজুলী

(সোতৰ)

        শুকান সুঁতিৰ পাৰৰ উদং পথাৰখনৰ বুকুত সদায় প্ৰতিধ্বনিত হৈ থাকে এটি শোকৰ মালিতা ।  আজিকালি দলঙত  সিহঁতৰবোৰৰ আড্ডা কমেই বহে । সকলোৱে মন বোৰ বুজাব নোৱাৰা এক বেদনাই কাবুল কৰি কৰি পেলায় । যেতিয়াই সিহঁতে আগৰ দৰে কেতিয়াবা গোট খায় সিহঁতৰ মৰমৰ নদী খনৰ কাষত । সিহঁতৰ প্ৰাণে প্ৰাণে শিহৰণ জনাইছিল , তাৰ কাষতে জীৱন্ত হৈ থকা মোহন স্বপ্নাৰ সমাধি দুটাই সিহঁতক শুকান কৰুণ সংগীত , যি সংগীতৰ পাৰ ভঙা ঢলে বাধা দি ৰাখিব নোৱাৰাকৈ পাৰ ভাঙে মথাউৰি ভঙা বানৰ দৰে বাগৰি যায় অশ্ৰু বন্যা । সিহঁতৰ আপোন বন্ধু দুইজনৰ সমাধিত সিহঁতেই সাজি দিছিল দুটা পকী স্মৃতি সৌধ । দুটা এপিটাফ্ ।
         ভালেমান দিনৰ মুৰত সেইদিনাও নগেন , ৰঘু , ধীৰেন , যোগেন‌ হঁত লগ খাইছিল । শুকান সুঁতিৰ দলঙত । শেষ আঘোণৰ পথাৰৰ উদং নৰাবোৰৰ মাজে মাজে উদঙীয়া গৰু ছাগলী বোৰ আপোনমনে চলি আছিল । দুই এজনৰ বাহিৰে প্ৰায় বোৰেই খেতিৰ পথাৰৰ পৰা এতিয়াও আজৰি হোৱা নাই। সিহঁতৰ সৰহখিনিৰেই খেতিৰ লগত সম্পৰ্কিত জীৱন ।
         ৰঘুৱে যোগেনক উদ্দেশ্যে কৰি কʼলে "ঐ আমাৰ ৰজাই জীপেনহঁত বোধকৰোঁ খেতি সামৰি আজৰি হোৱা নাই । পথাৰৰ পৰা আহিবলৈ সময় হৈছে । মন কৰি থাকিবি চোন । দেখিলে মাতি দিবি । "কেলেইনো ? বিশেষ কিবা কথা আছে নেকি ? ʼʼ সুধিলে যোগেনে । 
            "নহয় , মানে , ভাৱে কেইদিন অহৌবলিয়া কেইটাক লগ পোৱা নাই । অকণমান দেৰিলৈকে আজি ইয়াত বহিম দে । ভাল লাগিব । ʼʼ সি কʼলে ।
         হঠাৎ উদাস উদাস মাহত চিন্তাত তন্ময় হৈ থকা নগেনৰ মেন তন্ময়তা ভাগি গʼল । সম্বিত ঘূৰাই পোৱা মানুহৰ দৰে গৰুৰ কাষ চাপি আহি কʼলে "হু কি কʼলে ? আজি ইয়াত বহিবি অলপ দেৰিলৈকে ? ভাল লাগিব ? ভাল লাগিবনে পুৰণি স্মৃতিৰ। কুকি খুচৰি খুচৰি হতাশাত মন ভাঙিবি হঁত ? ʼʼ হঠাৎ যেন তাৰ মনত কিবা এচাটি পোহৰৰ আশাই দোলা দি গʼল বিষাদৰ মাজতো । আকৌ কৈ উঠিল "ঠিক আছে । বহিম ইয়াত আজি কিছু দেৰিলৈ ।  ৰজাই জীপেনক কিবা দৰকাৰ হ'লে ঘৰৰ পৰা হʼলেও মাতি আনিব লাগিব । আজিয়ে আমি এটা ভাল কামৰ আচঁনি ফাইনেল কৰিব লাগিব । আইডিয়া । ʼʼ
           "কি কৰাৰ কথা ভাবিছ ক আকৌ ।ʼʼ ধীৰেনে আব্দাৰ ধৰিলে । 
          "নʼ । নট চʼ কুইকলি । ইউ মাষ্ট ওৱেইট বৰ চাড় মʼমেন্ট । ʼʼ নগেনে সিহঁতৰ উৎকণ্ঠা বঢ়াই তুলিলে তাতে সিহঁতৰ আগ্ৰহটো দুগুণে বাঢ়ে । এনেতে সিহঁতে দেখিলে মেটমৰা ডাঙৰি এভাৰ লৈ ৰজায়ে আহি আছে ঘৰৰ ফালে । দূৰৈৰ পৰাই তাক দেখি নগেনে ৰিঙিয়াই মাতিলে "ও ৰজাই । চাওঁ এই ফালে আহ ।ʼʼ
           আটাই কেইটাই একেলগে দেখি সিও খৰ খোজেৰে আগবাঢ়ি আহিল । দলঙৰ সিটো পাৰ পাই সিও চিঞৰিলে "ও কি হʼল ইহঁতৰ হাঁ ? আজি বহিবি নেকি ? ʼʼ
           "অʼ । অ‌ʼ । তাকো লৈ আহিবি । দেৰি নকৰিবি যা । ʼʼ নগেনে কোৱাৰ লগে লগে সি খৰ খোজেৰে ঘৰৰ ফালে আগবাঢ়িল । পাছ ফালৰ পৰা ৰঘুৱে তাক পুনৰ সকীয়াই দিলে "ও তই আকৌ ভাগৰ মাৰিবলৈ চুজে খাই থাকি দেৰি নকৰিবি বুজিছ ? যা যা ।ʼʼ 
          "এই নকৰোঁ দে । মোক ইমান কানিয়া পাইছ নেকি ? ʼʼগৈ থাকোঁতে কৈ কৈ গʼল ৰজায়ে । 
         ইতিমধ্যে অস্তগামী সুৰুজৰ ৰক্তিম আভাবোৰে শুকান সুঁতিৰ পানীত লয়লাস ভংগীমাৰে নৃত্য কৰি ছন্দময় শুকান সুঁতিৰ পাৰতক কৰি তুলিছিল অধিক ৰমণীয় । কুঁৱলীৰ ওৰণিখন টানি শুকান সুঁতিয়ে লাজ লাজ ভাৱত যত্ন কৰিছিল মুখ ঢাকিবলৈ । 
               
আগলৈ...


পৃষ্ঠা ১১
অভিশ্ৰুতি

চয়নিকা বৰুৱা

যোৱা সংখ্যাৰ পিছৰ পৰা

খণ্ড ১৩

•কিহ.......

•অ...তাৰ ফোনতো সি ঘৰত থৈ গ'ল। কিবা বিশেষ কামত ডিব্ৰুগড়লৈ গ'ল। লৰালৰিতে ফোনতো নিবলৈ পাহৰিলে, তাতে ফোনতো Silent হৈ থাকিল। সেয়েহে মামীয়েকেও গম নাপায় ফোন কৰা। হ'ব দে তই চিন্তা কৰি নাথাকিবি। সি তোলে ঘৰলৈ আহি ফোন কৰিব।

•Oky....

 চাওঁতে চাওঁতে পশ্চিমৰ দিশত বেলি ডুব গ'ল।আনদিনাৰ দৰেই গোঁসাই ঘৰত চাকি দি চাহ খাই ৰাতিৰ ভাতসাজৰ কাৰণে যোগাৰ কৰিলো। ভাত খাই শুবলৈ আহিছোহে, এনেতে আহিল নহয় ফোন । অলপ সময়ৰ পাছত মই ফোনতো ৰিচিভ কৰিলো

•Hello.....

•Hello.....

চাউতকে এজাক বতাহে মোৰ গালখন চুই গ'ল। চুলিবোৰও জপৰা-জাপৰ হৈ গ'ল। আস কি ভাল লাগিছে। তাতে ফোনতো তেওঁ কৰিছে। ভাল লগাবোৰ আৰু বেছি ভাল লগা হৈ পৰিছে ।কিন্তু...কিন্তু মোৰ চকুযোৰ যেন ৰৈ নাথাকিল।বহুত সময়ৰ পাছতে তেওঁৰ মাতষাৰ শুনা পালত অহৰহ চকুপানী বৈ আহিল।

•কি হ'ল miss ? তুমি কান্দিছা ?

তেওঁ কেনেকে গ'ম পালে মই কান্দিছো বুলি !

•ওহো নাই...নাই কন্দা..
তপৰকে মিছাকথা এটা কৈ দিলো

•মিছা নকবা। তুমি কি ভাবিছা তোমাক দেখি থকা নাই কাৰণে তোমাৰ চকুপানীৰ কথাও মই গম নাপাম হা Miss Srutishna কোৱা ? তেনেকে ভাবিছা নি ? যদি ভাবিছা তেন্তে একদম ভুল ধাৰণা তোমাৰ...miss...
আৰু সেয়া কিয় জানানে ?

•ওহো নাজানো কিয় ?

•কাৰণ মই তোমাৰ হৃদয়ত লুকাই থকা কথাও গম পাওঁ বুজিলা ? তোমাৰ হৃদয়ৰ প্ৰতিটো ভাবনা মই দেখা পাওঁ, অনুভৱ কৰো ? কাৰণ....

•কাৰণ ?

•কাৰণ অভিশ্ৰুত মগ্ন শ্ৰুতিস্নাৰ প্ৰেমত।

•Good Night.
টুত... টুত...

 কথাতো কোনো নতুন নহয় কিন্তু তেওঁ যেনেদৰে ক'লে মোৰ লাজেই লাগিল। আৰু তেওঁৰ লগত ফোনত কথা পাতোতে লাজতে মই কি কৰো সেইকথা আপোনালোকে ভালদৰে গম পায়েই।হুহু হুহু আনদিনাৰ দৰে ফোনতো কাটি দিলো। তাৰ পাছত আৰু এখন্তেকো অপেক্ষা নকৰি নিদ্ৰা দেৱীৰ কোলাত মগ্ন বিভূষিতা হৈ শুই পৰিলো।

টিক টিক টিক টিক টিক টিক

মোবাইলৰ এলাৰ্মৰ মাতত সাৰ পালো। ৰাতিপুৱা ৫ বাজিছে। ভন্টিৰ বাদে ঘৰৰ সকলোৱেই উঠি ঘৰৰ কাম কাজত লাগিল। দাদাও ৰাতিপুৱাই আহিল। ডাঙৰ মাহীও আহিল মহাৰ লগত।জেঠাই দাদাৰ লগতে আহিল। মইও পলম নকৰি মুখ ধুই গাখীৰগিলাচ খায় লৈ গা-ধুই আহোঁতেই

•আৰে পেহী তুমি কেতিয়া আহিলা ? আৰু পেহা আহিছেনে ? প্ৰিন্সি নাহে নি ?
প্ৰিন্সি পেহীৰ ছোৱালীজনীৰ নাম বয়সত ১ বছৰ মোতকে সৰু কিন্তু আমি বান্ধৱীৰ নিচিনা

•মই অহা বেছি সময় হোৱা নাই। পেহা তোমাৰ দেউতাৰ লগত বজাৰলৈ গৈছে। তাই আজি নাহে পাছত আহিব। তুমি যোৱা সোনকালে সাজুহোৱাগে। ল'ৰা ঘৰৰ মানুহ আহিবই এতিয়া তামোল-পাণ পেলাবলে।

পেহীৰ কথামতে মই সাজু হ'বলৈ আহিলো। সাজু হৈ ফোনতো হাতত লওঁতেই তেওঁ Call কৰিলেই।কিন্তু এইবাৰ Video Call কৰিছে। কি বুলি ৰিচিভ কৰিম বুলি ভাবি আছো। অৱশেষত ৰিচিভ কৰিলো

•আস ইমান মৰম লাগিছে আজি তোমাক miss...

•আপুনি Video call কৰিলে যে ?

•কিয় নাপায় নি কৰিবলে।

•নহয় মানে পায়। কিন্তু....

•কিন্তু...বুলি ৰৈ গ'লা যে কিন্তু কি ?

•মোৰ লাজ লাগিছে।

•কি হা হা হা হা। তুমি কিন্তু মানুহ মাৰি দিবা দেই miss...

•ওহহহহহ তেনেকে কিয় কৈছে ? মই কিবা ডকাইত নি মানুহ মাৰিবলে ?

•আস...সা মই ডকাইত বুলি কোৱা নাই নহয় তোমাক। কথাতোহে কৈছো। বাৰু এইবোৰ বাদ দিয়া। আমাৰ ইয়াৰ মানুহবোৰ কিন্তু গ'ল ইয়াৰ পৰা।

•আৰু আপুনি ? আপুনি নাহে ?

•কিয় মই গ'লে ভালপাবা নি ?

•মোৰ প্ৰশ্নৰ উত্তৰ সেইটো নহয়।

•আগতে মোৰ প্ৰশ্নটোৰ উত্তৰ দি লোৱা miss

•প্ৰশ্ন আগতে মই হে সুধিছো। আপুনি দিয়ক উত্তৰ।

•Oky তেন্তে শুনা
ওম...ওম...

•কি ওম..ওম...কৈ আছে ? নকয় কিয় সোনকালে ?

•হা হা হা হা Oky Oky কৈছো শুনা
মই...

•সি আহিব নোৱাৰে অ

আগলৈ..........



পৃষ্ঠা ১২

এই বাটেদি ৰাধা যমুনালৈ যায়

শিৱানী বৰা।
হাতীগাওঁ, গুৱাহাটী ।
দূৰভাষ-৭০০২৫৬৪৮৪৪

চাৰি

প্ৰকাণ্ড এলুমিনিয়ামৰ বাল্টিটোত কাপোৰ এগাল আৰু চাবোন এধেলা ভৰাই সোঁহাতে লৈ বাওঁ হাতত খুৰা নাইকীয়া পীড়াখন লৈ মানুহজনী বৰ পুখুৰীৰ পাৰলৈ যায়। যোৱা বছৰৰ পৰা কুঁৱাৰ পানী ভালেখিনি শুকালে। বাৰে বাৰে কুঁৱাৰ পৰা পানী  উঠাই থাকিবলৈ কষ্ট হয় আজিকালি মানুহজনীৰ। 

ঘৰৰ পৰা অলপ দূৰ গৈয়েই বৰ পুখুৰী। ওচৰত মানুহৰ ঘৰ নাই এতিয়ালৈকে। পুখুৰীটোৰ পাৰত এজোপা আঁহত গছ। মানুহে দুপৰীয়া দেও ওলাব বুলি সেইফালে নাযায়। কিন্তু মানুহজনীৰ দেও ভূত চাবলৈ সময় নাই। যিমান সোনকালে কাপোৰকেইটা ধুই ল'ব পাৰে সিমান সোনকালে আজৰি। আকৌ সোনকালে ধুই নল'লে আহিনমহীয়া ৰ'দ নাইকীয়া হয়গৈ। পিছত গোটেই কাপোৰ বোৰ নিজৰ শোৱনী কোঠাত ৰচী টানি শুকুৱাব লগীয়া হয়। আঁঠুৱাৰ ওপৰত কাপোৰ বোৰ মেলি থোৱা থাকিলে টোপনি নধৰে মানুহজনীৰ। অৱশ্যে খৰালি দিনকেইটা ভাল। বাৰিষাৰ বতাহ বৰষুণৰ কেইদিন ছাগলীকেইটাও মানুহজনীৰ কোঠাতে থাকে। তিতা কাপোৰ , ছাগলীজাকৰ সৈতে মানুহজনীৰ অৱস্থাটো বৰ দুখ লগা হয় সেইকেইদিন। 

পুখুৰীৰ পাৰ পাই কাপোৰ বোৰ পাৰতে থৈ একাষে মেখেলাখন গুজি লৈ বাঁহৰ দলং খনৰ ওপৰত থোৱা হাকুটি ডালেৰে চাউতকৈ পানী এবাল্টি তুলি আনিলেগৈ। কাষত দমাই থোৱা কাপোৰবোৰৰ পৰা ধনটিৰ বগা চাৰ্টটো উলিয়াই পীড়াখনত থৈ চাবোনেৰে ঘহিঁবলৈ ধৰিলে। ভাগ্য ভাল যে পুখুৰীৰ পাৰতে কোনোবাই কাপোৰ মেলিবলৈ বাঁহৰ  দাৰ এডাল সাজি দিলে। এতিয়া ধুই ধুই কাপোৰ মেলি থাকিব পাৰে। গোটেইবোৰ কাপোৰ ধুই শেষ কৰোঁতে কিছুমান কাপোৰ আধা শুকায়েই যায়।

এই দেও লগা প্ৰখৰ ৰ'দৰ ভৰ দুপৰীয়া সময় কণ কিন্তু মানুহজনীৰ বৰ প্ৰিয়। ঘামে জেপজেপীয়া শৰীৰটোক চেঁচা পৰশ এটাই কোবাই যায় প্ৰতি দিনে। দূৰৈৰ পৰা ভাঁহি অহা ভটভটিৰ শব্দত মানুহজনীয়ে মূৰ দাঙি চাই ৰয় বহু পৰ। গতিবেগ কমি যোৱা ভটভটিখন চাই চাই মানুহজনীৰ কষ্টবোৰ নোহোৱা হৈ যায়। নতুন উদ্যমেৰে গধুৰ কাপোৰবোৰ হেলাৰঙে আচাৰি আচাৰি ধুই পেলায়। 

আবতৰটো বিহু নাম এফাঁকি নিগৰি আহে মানুহজনীৰ কণ্ঠত। ভটভটি চালকজনৰ চকুৰ চাৱনিটো বহু সময় মানুহজনীৰ চকুৱে মুখে হাঁহি হৈ বিয়পি উঠে। জীৱনলৈ এক অজান মোহ উপজে । বাউলী ৰাধা হৈ উঠিব খোজে মানুহজনী। 

কেতিয়াবা দোষী দোষী ভাব এটাই চুই যায় মানুহজনীক। মনত প্ৰশ্ন জাগি উঠে, 

" মৃত স্বামীৰ প্ৰতি অন্যায় কৰিছে নেকি তেওঁ ?"
" পাপ কৰিছে নেকি তেওঁ ?"
" এই বুঢ়ী বয়সত কেনে অদ্ভুত অনুভৱ এয়া ?"
" সমাজে কি ক'ব ?"
" পৰিয়ালৰ মানুহে কি বুলি ভাবিব ?"

সমাজ আৰু পৰিয়ালৰ কথা ভাবি মানুহজনীয়ে বুকু ডাঠ কৰে। মনৰ পৰা পাপ চিন্তাবোৰ নাইকীয়া কৰি পেলাব খোজে। 

আপোন হাতেৰে গঢ় দিয়া পৰিয়ালটো কেনেকৈ শেষ কৰি দিব পাৰিব তেওঁ ? কিমান হেঁপাহ তেওঁৰ প্ৰতি সকলোৰে। 

"ডাঙৰ নবৌ ভাত কেইটা আপুনি বনাবচোন বৰ সোৱাদ লগা হয়, " ডাঙৰ নবৌ কাপোৰ কেইটা আপুনি ধুই দিবচোন এই ধোঁলে চাফাই নহয়,  " ডাঙৰ মা মোৰ ভৰিকেইটা পিতিকি দিয়াচোন, " ডাঙৰ মা মোৰ চোলাটো চিলাই দিয়াচোন", " নবৌ শাকৰ পুলিকেইটা আপুনিয়েই ৰুই দিবচোন আপোনাৰ হাতখন বৰ লক্ষী অ'  । জা-জোৱলীৰ মাজতো কম মৰমনে ? জাজনীয়ে কয়, " নবৌৰ পৰা কাম এখনো কৰিবলৈ নাপাওঁ বুলি আলহীৰ আগত গৌৰৱ কৰে।" 

অকল সেয়াইনে ? মানুহজনীৰ পানী জ্বৰ হ'লেও লগে লগে ডাক্তৰৰ ওচৰলৈ লৈ যায়। একোকে কৰিবলৈ নিদিয়ে সেইকেইদিন। বিহুৱে সংক্ৰান্তিয়ে কাপোৰ এসাঁজ আনি দিয়ে। কোনে বাঁৰী মানুহ এজনীক ইমানকৈ আদৰ কৰিবনো ?

বৰপুখুৰীৰ পানীখিনিত দৃষ্টি ৰাখি মানুহজনীৰ মনটো অতীতলৈ উৰি যায়। কেন কেন ফ্ৰক পিন্ধি চোতালত এটা ভৰি দাঙি দাঙি জঁপিয়াই জঁপিয়াই চেংগুটি খেলা সময় কণত গৈ ৰয়গৈ। আপোনপাহৰা হৈ খেলি থকা ছোৱালীজনীৰ ৰঙা ৰিবন মৰা দুডাল বেণীৰ এডালত ধৰি মানুহ এজনীয়ে ঘটালি পেলায়। সৰু ছোৱালীজনীয়ে উচুপি উচুপি কান্দে। সেইদিনা গধুলিলৈ ছোৱালীজনীৰ মাহীমাকে সিদ্ধান্ত লয় তাইক বিয়া দিয়াৰ। 

নিজতকৈ কুৰি বছৰৰ ডাঙৰ দৰাৰ লগত পোন্ধৰ বছৰীয়া কেঁচা সোণবৰণীয়া ছোৱালীজনীৰ অৱশেষত বিয়া হ'ল। মাধবপুৰৰ ভদ্ৰেশ্বৰ ওৰফে ভদ্ৰ মহৰীৰ পত্নী হ'ল। বিয়াৰ আগতেই মাহীয়েকে কামে বনে পাকৈত কৰি তুলিছিল। গতিকে ভদ্ৰ মহৰীৰ ঘৰখনত বৰ অসুবিধা নহ'ল ছোৱালীজনীৰ। 

ভদ্ৰ মহৰীৰ মাক কালৰী বুঢ়ীৰ নীতি নিয়ম বেছি যদিও বৰ সাদৰী আছিল। নিজৰ জীয়েকৰ দৰে বুঢ়ীয়ে সামৰি লৈছিল। নজনাবোৰ শিকাই বুজাই লৈছিল। 

ছোৱালীজনীয়ে নতুন পৰিচয় পাইছিল। ভদ্ৰনী, নছোৱালী, ডাঙৰ নবৌ, খুৰীটি, বৰমা আদি অনেক উপাধি। বয়সত ডাঙৰ হ'লেও মানুহজন কিন্তু বৰ মৰমিয়াল আছিল। ভদ্ৰনীক বৰ মৰমতে ৰাখিছিল। 

কিন্তু ভদ্ৰনীৰ জীৱনলৈ কাল অমানিশা নামি আহিল। কামৰ পৰা উভতি আহোঁতে ভদ্ৰ মহৰীক গাড়ীয়ে খুন্দিয়াই মাৰিলে। বিয়াৰ এবছৰ নৌহওঁতেই ভদ্ৰনীৰ কঁপাল খন উকা হ'ল। ষোল্ল বছৰীয়া ভদ্ৰনী বিধবা হ'ল।

ঘৰখনৰ দায়িত্ব কালৰী বুঢ়ীয়ে ভদ্ৰনীৰ হাতত তুলি দিলে। এদিন বুঢ়ীয়ে ক'লে-

: মাহীমাৰৰ মাৰ খাবলৈ ঘৰলৈ ঘূৰি যাবগৈ নালাগে।  ইয়াতে থাক মিলি জুলি। পা- পোৱালি এটাকে থকা হ'লে মনটো ভাল লাগিলে হেঁতেন। পিছে তই চিন্তা নকৰিবি আই। নবৌয়েক মাকৰ দৰে। মোৰ তিনিওটা  ল'ৰা আজিৰে পৰা তোক গটালোঁ। নিজৰ পু বুলিয়েই ভাবিবি আই।

বয়সত ডাঙৰ তিনিটাকৈ দেওৰৰ মাক হৈছিল ভদ্ৰনী। ডাঙৰটোৱে ইতিমধ্যে চহৰত থাকিবলৈ লৈছিল। বাকী দুটা তেতিয়াও ঘৰতে আছিল। সৰুটো কলেজত পঢ়ি আছিল তেতিয়া। সিহঁতিও ভদ্ৰনীক সামৰি লৈছিল। 

"নবৌ আজি অমুকলৈ যাম," নবৌ তমুকলৈ যাম", "নবৌ আজি অমুক গাঁওত ভাওনা পাতিছে যাব নেকি ?", নবৌ আজি অমুক শাক ৰান্ধিব চোন", "নবৌ মোৰ অমুক চোলাটো ধুই দিবচোন" , "নবৌ মোৰ নীলা চোলাটো ক'ত আছে ?" মুঠতে ঘৰখনত ভদ্ৰনী নহ'লেই নহৈছিল। তেনেদৰেই সুখী হৈছিল ভদ্ৰনী। 

চহৰৰ পৰা ডাঙৰ দেওৰেকে খবৰ পঠিয়াইছিল বোলে বিয়া কৰালে। গৰিয়ানী ছোৱালী বিয়া পতাৰ কাৰণে কালৰী বুঢ়ীয়ে তাক এঘৰীয়া কৰিলে। বাকী থাকিলে মাজু আৰু সৰু দেওৰটো।  

এদিন মাজুটোৱেও নিজৰ পছন্দৰ ছোৱালী আনি ঘৰ সোমোৱালেহি। ঘৰখনৰ তিনিটা কোঠাৰ ভিতৰত ভদ্ৰনীৰ কোঠাটোৱেই আটাইতকৈ ডাঙৰ আছিল তেতিয়া । এজনীয়া মানুহকনো ইমান ডাঙৰ কোঠাটো কেলৈ লাগে বুলি মাজুৰ নছোৱালীকে দি দিলে । ভদ্ৰনী সৰু কোঠাটোলৈ গ'ল। অৱশ্যে নছোৱালীজনী বৰ সাদৰী । ভদ্ৰনীক কম খন মৰম কৰেনে!

তাৰপিছতে এদিন সৰুটোৰো বিয়া হ'ল। এইবাৰ পিছে ছোৱালী কালৰী বুঢ়ীৰ পছন্দৰ। সৰুজনী নছোৱালীৰ কাৰণে এইবাৰ বুঢ়ীয়ে নিজৰ কোঠাটো এৰি ভদ্ৰনীৰ কোঠালৈকে গুচি আহিলে। মানুহজনীয়েও ভালেই পালে অন্ততঃ লগ এটা হ'ব বুলি। 

ভদ্ৰনীক মানুহজনে বিয়া কৰাই আনোতে মানুহটোৱে ভালেখিনি সোণৰ অলংকাৰ দিছিল। নিজলৈ কাণফুলী, আঙুঠি আৰু খাৰু এযোৰ ৰাখি বাকী খিনি অলপ অলপ দুয়োজনীকে ভগাই দিলে। বিধবা মানুহজনীয়ে কিনো কৰিব ইমানবোৰ গহণা। ল'ৰা পোৱালি এটা থকা হ'লেও বেলেগ কথা আছিল হেৰৌ। এতিয়া গোটেই পৰিয়ালটোক একগোট কৰি ৰখাতহে বল মানুহজনীৰ। 

ভদ্ৰনীয়ে সঁচাকৈয়ে একগোট কৰি ৰাখিছে পৰিয়ালটো। এবাৰ দুয়োটা ভাই ককাইৰ মাজত কাজিয়া লাগোতে দুয়োটাই ভদ্ৰনীক লগত ৰাখিবলৈ কমখন উৎপাত কৰিছিলনে ! পিছত ভদ্ৰনীয়ে একেষাৰে ঘোষণা কৰিছিল যে নিজৰ ভেঁটি এৰি ক'লৈকো নাযায়। ভদ্ৰনীৰ ঘোষণা শুনি কাজিয়াখন শাম কাটিছিল। এতিয়াৰে পৰা দুয়োটা ককাই-ভাই একেলগেই আছে। 

মানুহজনী সুখী হৈছিল সেইদিনা। পেটৰ পোৱালিয়ে মাকক মৰিবলৈ এৰি দিয়া যুগত বিধবা নবৌয়েকক কোনে লগত ৰাখিবলৈ টনা আজোৰা কৰে ! কমখন ভাগ্যনে এয়া ? বোৱাৰীকেইজনীয়ে "বাইদৌ" "বাইদৌ"কৈ কমখন লাগি থাকে নে ? সৰু বেমাৰ এটা হ'লেই সকলোবোৰ উবুৰি খাই পৰে। কোনে আগতে ভদ্ৰনীক হস্পিতেললৈ নিব তাকে লৈও হেতা-ওপৰা । এইবোৰ দেখিলে মানুহজনীৰ মনটো ভৰি আহে। 

: ঐ ভদ্ৰনী।  আজি ৰাস চাবলৈ যাবনে নাযায় ? আজি পৰেশৰ জীয়েকে কৃষ্ণ লৈছে।  মতাকালুৱে বঢ়িয়া নাচিব আজি। 

            লাটুৰ মাকৰ চিঞৰহে তন্দ্ৰা ভাগিল মানুহজনীৰ। ইমান সময়ে পুৰণা কথাবোৰ পাগুলি আছিল তেওঁ।  আজি কালি প্ৰায়েই তেনেকুৱা হয় তেওঁৰ। যেতিয়াই ভটভটিৰ চালকক দেখা পাই,  মানুহজনী অতীতলৈ গুচি যায়।  

: আজি নেযাও অ' লাটু মাক।  কাইলৈহে এপাক মাৰিম বুলি ভাবিছোঁ আও। 

             লাটুৰ মাকৰ লগত ইটো সিটো কথাৰ মহলা মাৰি এইবাৰ মানুহজনী কাপোৰ ধুবলৈ লাগিল।

আগলৈ...


পৃষ্ঠা ১৩

অণুগল্পঃ

এচমকা কলীয়া মেঘ

জেপোলিন ৰাজকুমাৰী

জীৱনৰ শেষ উশাহ কনৰ সময়তো পূৰ্ণিমাই নিজৰ মাক-ককায়েকৰ লগতে আপোন মানুহ খিনিৰ চেনেহৰ মাত এষাৰ শুনি পোৱাৰ প্ৰৱল হেঁপাহত ঘৰলৈ ফোন লগাইছিল । যদিও নিজৰ ঘৰত হালোৱা কৰা বেলেগ সম্প্ৰদায়ৰ ল"ৰা এটালৈ পলাই যোৱা পূৰ্ণিমাৰ ফোন ঘৰৰ কোনো এজনে নুঠালে । আৰু অন্তিম হেঁপাহটো লৈয়ে পূৰ্ণিমা সিপুৰীয়া হ'ল । পূৰ্ণিমাৰ দহ বছৰীয়া ল"ৰাটোৱে কম বয়সীয়া মাকৰ শ-দেহ টোলৈ চাই ভাৱি ৰ'ল। মানুহো ইমান নিষ্টুৰ থাকেনে ; তাকো নিজৰ ছোৱালীৰ ক্ষেত্ৰত ! বেলেগ সম্প্ৰদায়ৰ  লগত দিয়া-লোৱা ,খোৱা-বোৱা বোৰ বাৰু পাপ নেকি !

প্ৰতিক্ৰিয়া

শ্ৰী ময়ুৰী ভট্টাচাৰ্য বৰুৱা
টিয়ক, যোৰহাট

   শুই উঠিয়েই সৰু ল'ৰাটোৱে ইমানকৈ মাতি আছে, আইতাকৰ গোমোঠা মুখ খনে এষাৰ মাত নিদিয়াকৈ থাকিল।পাছদিনা খন ৰাতিপুৱা নাতিনীয়েকক মাতি মাতি ও মাত নোপোৱাত ,মানুহ মাতিব নাজান নেকি এইবুলি কবলৈহে পালে ,ছবছৰীয়া নাতিয়েকে তপৰাই ক'লে তই কালি মাতিছিলি জানো?


মোট

অংশুমান ভূঞা
চামতা,নলবাৰী, ৬০০২৯৯৪৯৮০

    'প্ৰেম' শব্দটো শুনিলেই  আগতে যেন মানুহগৰাকীৰ গা বিছাই ডকা দি ডাকিছিল। লোকৰ ল'ৰা-ছোৱালীৰ প্ৰেমক লৈ কি যে ফিচিঙা-ফিচিঙি।
    সময়ৰ গতিশীলতাত ছোৱালীজনী পলাই গ'ল, ল'ৰাৰো প্ৰেম বিবাহ হ'ল। এতিয়া মানুহগৰাকীৰ মুখত প্ৰেমৰেই জয়গান!


পৃষ্ঠা ১৪
চুটি গল্পঃ

চিৰ চেনেহী মোৰ ভাষা এলাগী!

সতী-জয়মতী কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, একেধাৰে সাহিত্যিক, সমালোচক, পাঠ্যপুথি প্ৰণেতা ড° নবীন চৌধুৰীয়ে সাহিত্য-সংঘৰ পৰা লাভ কৰা "ভাষা গুৰু" উপাধিটোৰ বিষয়ে ৰাইজক অৱগত কৰাওঁ বুলি ফেচবুকটো খোলোতেই ইতিমধ্যে সামাজিক মাধ্যমত অত্যাধিক প্ৰচাৰ(!) লাভ কৰা ভিডিঅ'টোত চকু পৰিল। 
"নিউজ নৰ্থ-ইষ্ট" বোলা ইংৰাজী আলোচনীখনৰ যুৱ কৰ্মকৰ্তাসকলক এজনে অসমীয়াতে সাক্ষাৎকাৰ লৈছে- "আপুনি কওকচোন সৃষ্টি চৌধুৰী, মজিয়া মানে কি?
"উমম্ মজিয়া মানে চামথিং মাজি থকা চাগে, বাচন মাজা, আই গে'ছ !
"ভুল, বাৰু কিংকৰ্ত্তব্যবিমূঢ়  মানে?"
"কিং কাৰ তা..     ন' আইডিয়া, ফাৰ্ষ্ট টাইম শুনিছো"
"বাৰু বাদ দিয়ক অনুকূল মানে?"
"অনুকূল ঠাকুৰ মেই বি....চ'ৰী নাজানো"...
...... পিছৰখিনি শুনাৰ আৰু ধৈৰ্য্য নহ'ল ড°      চৌধুৰীৰ, তেওঁক প্ৰদান কৰা উপাধিটোও গ্ৰহণ কৰিলে যেন পাপে চুব এনে লাগিল, গুৱাহাটীত থকা বৰপুত্রৰ একমাত্র কন্যাৰ মুখত অসমীয়া ভাষাৰ শ্ৰাদ্ধ দেখি তেওঁৰ ইমানদিনে থকা মই বৰ ভাৱ আৰু গৌৰৱৰ বেলুনটো ধপ কৈ ফুটি থাকিল।

(২১ ফেব্ৰুৱাৰী, আন্তৰ্জাতিক মাতৃ-ভাষা দিৱসৰ লগত সংগতি ৰাখি এই অণুগল্পটো আগবঢ়ালোঁ)

অনসূয়া বৰঠাকুৰ
নিউ গুৱাহাটী-২০


পৃষ্ঠা ১৫
যাত্ৰা

  কলেজৰ প্ৰথমটো দিনতে বেৰিয়াগজা দাঁতৰ ল'ৰাটোৱে তাইক জোকাই জোকাই লাজে ভয়ে আধামৰা কৰি পেলাইছিল । প্ৰথম দিনাই তাৰ প্ৰতি তাইৰ বৰ বেয়া ধাৰণা এটা জন্ম হৈছিল ।  লাহে লাহে তাইৰ জোকোৱা নামটো গোটেই কলেজখনতে প্ৰচাৰ হৈছিল । তাইৰ তাৰ পৰা পলাই ফুৰে আৰু সি সুবিধা পালেই গোটেই কলেজখনত পিত পিতাই তাইক বিচাৰি ফুৰে । দুয়োটা মুখামুখি হ'লেই সি জোকাই  তাই মুখখন বেকা কৰি গুচি যায় । একেটা বিভাগৰে চিনিয়ৰ ল'ৰাটোৱে ক'বনোৱাৰাকৈয়ে তাইৰ প্ৰেমত পৰে , ইকান সিকানকে কথাষাৰ তাইৰ কাণটো পৰে কিন্তু এই বিষয়ে তাইৰ অলপমানো আগ্ৰহ নজন্মে । গতানুগতিক দিনবোৰ চলি যায় কলেজখনত তাইৰ এটা বছৰ সম্পূৰ্ণ হয়, প্ৰতিটো ঠাই প্ৰতিজন ব্যক্তি  চিনাকি হৈ পৰে । প্ৰত্যেক দিনাই সি তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়ে , তাই গম নোপোৱাকৈ তাইৰ সৰু সুৰা কামবোৰ সি সহায় কৰে । লগৰবোৰে দুয়োটাকে যোৰা দি জোকাই । লাহে লাহে তাইও বেৰিয়াগজা দাঁতৰ ল'ৰাটোৰ প্ৰেমত পৰে । দুয়োটাৰে প্ৰেমকাহিনী গোটেই কলেজখনতে জনাজাত হয় । সৌ সিদিনা জোকোৱা ছোৱালীজনীৰ লগত প্ৰায় দেৰবছৰ সম্পৰ্ক হয় ,তাৰো কলেজখনত শেষ দিন চমু চাপি আহে । এদিন স্নাতকোত্তৰ বাবে
কলেজখন এৰি ইউনিভাৰ্ছিটিলৈ যাত্ৰা কৰে । লাহে লাহেসি তাইক পাহৰি যায় , ইউনিভাৰ্ছিটিত নতুনকৈ প্ৰেমত পৰে । এনেকৈয়ে এদিন বিশ্বাসৰ মৃত্যু হয় । দুয়োটাই পৃথক পৃথক ৰাস্তাত যাত্ৰা আৰম্ভ কৰে ।

নিহাৰীকা বৰগোহাঁই
শিৱসাগৰ


পৃষ্ঠা ১৬

অনুবাদ কবিতা ঃ

অনুসন্ধান 

আহক,
আমি এটা খেল খেলোঁ-
চকুত এখন কাপোৰ 
বান্ধি লওক।
সন্মুখত এখন দেৱাল-
স্পৰ্শ কৰি কওক, মন্দিৰৰ 
নে মছজিদৰ এই দেৱাল।
ক'ৰবাত এটি শিশুৰ ক্ৰন্দন-
ক'ব লাগিব, 
শিশুটি শিখ নে খৃষ্টান।
চকুৰ বান্ধ সোলকাই দিয়ক-
মূৰৰ ওপৰত 
মুকলি আকাশ ।
মূৰ তুলি চাই কওক,
এই আকাশ 
বিহাৰৰ নে পঞ্জাবৰ। 
সন্মুখত দেখিব
লহপহীয়া ধাননিপথাৰ;
কওকচোন এয়া 
অৱদান কাৰ শ্ৰমৰ ?
ব্ৰাহ্মণৰ নে দলিতৰ?
কাঁজিয়াত হেৰাই  যোৱা
এটি জীৱন,
বগা চাদৰেৰে ঢকা
এটি মৃতদেহ-
কওক সেই মৃতদেহ 
হিন্দুৰ নে মুছলমানৰ। 
আপোনাৰ মন অনুসন্ধানৰত-
এটি সঠিক উত্তৰ বিচাৰি,
তেনেতে,
কোনো স্বয়ংম্ভূ ঠিকাদাৰ আহি ফুচফুচাই 
দিলেহি উত্তৰ। 
সেই উত্তৰ শুনি,
মই আশা কৰোঁ,
আপুনি চিঞৰি ক'ব-
আঁতৰি যাওক...
মই বিচৰা উত্তৰ মোক
নিজেই অনুসন্ধান 
কৰিবলৈ দিয়ক। 

মূল হিন্দী:
অসিতবৰণ মহাপাত্ৰ
অসমীয়া অনুবাদ:
জয়ন্তীমালা বৰপূজাৰী

तलाश 

आईये एक खेल खेलें, 
आप अपनी आँखों पर पट्टी बांध लें।
सामने एक दीवार होगी, 
आपको छु कर बताना होंगा,
वह मंदिर का या मसजिद का।
कोई बच्चा रो रहा होगा ,
आपको बताना होगा  ,
बच्चा शिख का या ईसाई का।
अब आखों का पट्टी उतार दे,
ऊपर खुला आसमान होगा,
आपको बताना होगा, 
वह बिहार का या पंजाब का।
सामने लहलहाता खेत होगा, 
आपको बताना होगा, 
मेहनत ब्राह्मण की या दलित की।
दंगे में गवाया हुआ एक जान,
सफेद चादर से ढंकी हुई एक लाश, 
और बेहती खून की धारा, 
आपको बताना होगा, 
लाश हिन्दू की या मुसलमान की।
जब  आप जवाब तलाश रहें होंगे, 
कुछ आपबने ठेकेदार 
आपके  कानों में जवाब फुसफुसायेंगे
मुझे उम्मीद है,आप चिल्लाकर बोलेंगे, 
दुर हटो........
मुझे अपना जवाब ख़ुद  तलाश लेने दो।

असित वरण महापात्रा 
द्वारका, नईदिल्ली ।

পৃষ্ঠা ১৭
            
নাযাবা আঁতৰি বহু  দূৰ

(অসমীয়া অনুবাদঃ প্ৰাণকৃষ্ণ গোস্বামী
মূলঃ Don't go far off - by Pablo Neruda) 

এদিনৰ বাবেও নাযাবা আঁতৰি বহু দূৰ ,
কাৰণ , মই নাজানো কেনেকৈ ক'ব লাগে
দিনটো ইমান দীঘল বুলি আৰু
বাট চাম মই তোমাৰ বাবে ,
সুপ্ত ৰেলগাড়ীবোৰ আঁতৰাই থোৱা
ৰাতিৰ নিঃসংগ ষ্টেচনৰ দৰে। 

নেৰিবা মোক এটি পলৰ বাবেও, কিয়নো-
তুমি বিনে বিন্দু বিন্দু যন্ত্ৰনা মিলি হ'ব সিন্ধু,
আশ্ৰয় সন্ধানী উৰণীয়া ধোঁৱাই আৱৰি,
ৰুদ্ধ কৰিব মোৰ ভগ্ন হৃদয়। 

অঃ,  
সমূদ্ৰতটত তোমাৰ প্ৰচ্ছায়া কদাপী নহওক বিলীন,
দূৰ শূণ্যতাৰ দিশে তোমাৰ চকুৰ পলক নপৰক।
ক্ষণিকৰ বাবেও নেৰিবা মোক, মোৰ সোণ
কাৰণ সেই মূহুৰ্ততে তুমি বহু দূৰ যাবা আঁতৰি
দিশহাৰা হৈ মই বিচাৰি চালাথ কৰিম সমস্ত পৃথিৱী
চিঞৰি শুধিম 'তুমি আহিবানে ঘূৰি'? 
মৃত্যুৰ বাবে মোক ইয়াতে জানো এৰিবা তুমি ?
           
( পাবল' নেৰুদা এজন লেটিন আমেৰিকান কবি আছিল। চিলি ( chile) ৰ পাৰাল নামৰ চহৰত ১৯০৪ চনত তেওঁৰ জন্ম হয় । তেওঁ নিচেই সৰু কালৰে পৰা লেখা লিখি ছদ্ম নামেৰে প্ৰকাশ কৰিছিল আৰু পিছলৈ তেওঁ সেই ছদ্ম নামেৰেই ( পাবল' নেৰুদা ) বিখ্যাত হৈ পৰিছিল। আৰ্থিক অভাৱৰ বাবেই তেওঁ ভাৰত , বাৰ্মা ( ম্যানমাৰ) শ্ৰী লংকা আদি দেশত চাকৰি কৰিছিল। লেখাৰ জড়িয়তেই মেক্সকান কবি অ'ক্টাভিঅ' পাজৰ লগত তেওঁৰ ভাল বন্ধুত্ব গঢ়ি উঠিছিল। তেওঁ চিলিৰ কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্য হোৱাৰ ফলত কেইবা বাৰো দেশৰ পৰা পলাব লগাও হৈছিল। ক্ৰমে তেওঁ লেখক হিচাপে বিখ্যাত হৈ উঠিছিল আৰু ১৯৭০ চনৰ ফ্ৰান্সত চিলিৰ ৰাজদূতৰ পদত অধিষ্ঠিত হৈছিল। দুবছৰৰ পাছত অসুস্থতাৰ বাবে নিজ দেশলৈ ঘূৰি গৈ ১৯৭৩ চনত মৃত্যু বৰণ কৰে। ১৯৬২ চনত তেওঁৰ সাহিত্যৰ নোবেল পুৰস্কাৰৰ বাছনিত উঠিছিল যদিও সেইবোৰ জাঁ পল ছাঁত্ৰেই সেই পুৰস্কাৰ পোৱাত নেৰুদা বিফল হ'ব লগা হয়।)

অনুবাদকৰ ঠিকনা
১৪, জ্যোতিপথ ,জনকপুৰ 
কাহিলিপাৰা, গুৱাহাতী- ৭০১০১৯
+৯১-  ৭০০২৪০৯৬৫৫

      Don't Go Far Off
     ( Pablo. Neruda)
 
Don't go far off, not even for a day, because....
because... I don't know how to say it: a day is long
and I will be waiting for you, as in an empty station
When the trains are parked off somewhere else ,  asleep.

Don't leave me, even for an hour, because
than the little drops of anguish will all run together.
The smoke that roams looking for a home will drift into me, choking my lost heart.

Oh , may your silhouette never dissolve on the beach;
may your eyelids never flutter into the empty distance.
Don't leave me for a second , my dearest,
because in that moment you'll have gone so far
I'll wander in maze all over the earth, asking.
Will you come back ? Will you leave me here, dying?


পৃষ্ঠা ১৮

কবিতাঃ

বৰষুণ আৰু তুমি

পৃথিৱী কঁপাই, ডাৱৰৰ আস্ফালন
নামি আহিছে ধূলিৰ অভিমান
ভাঙিব লৈ এজাক বৰষুণ ।
ধূলিৰ বাবে অভিশাপ হ'লেও,
মোৰ বাবে যেন এক বৰদান 
বৰষুণ ..
এক বিকল্প,এক সুযোগ
অতীতৰ মৰহা বৃক্ষ সমূহ
পোনৰ জীয়াই তুলিবলৈ।
ৰাতিপুৱাৰ ৫ বজাৰ বৰষুণ জাক
"ইছ্ ইছ্" ইমান ধাৰাষাৰ বৰষুণ,
সি আহিব জানো?
চৎফতাই থকা ব্যাকুল মনক 
যেন সেই এচাকনি মৰা 
শীতল টোপাল বোৰে শান্ত কৰিলে...
কাৰণ বৰষুণ ফালি আহি আছা তুমি
ক'লা ছাতিৰ তলত, যেন যুদ্ধ হে কৰিছা...
তোমাৰ খং উঠা মুখখনত,
টোপালবোৰে যেন ৰহণ হানিছে ।
পুৰণি দিন বোৰেই ভাল আছিল জানা,
অপ্ৰকাশিত শব্দৰ জোৱাৰ আহিছিল ;
যদিও বুকুত খুন্দা মাৰি 
মোৰ বুকুৰ মথাউৰি অস্তিত্বহীন কৰিছিল
তথাপি তোমাক যে সদায় লগ পাইছিলো। 
হঠাৎ এটি নিষ্ঠুৰ টোপালে,
মোক স্মৃতিৰ কৰিড'ৰৰ পৰা টানি আনিলে। 
আৰু উভতাই আনিলে শ্মশান যেন বিৰল বৰ্তমানলৈ,
কত কিমান যে কথা সোঁৱৰণিৰ
কলীয়াপানীত আবদ্ধ হৈ আছে। 
আজি সেই দিনাৰ দৰেই 
একেই একাপ কফি ,
একেই ঠাই,
পাৰ্থক্য; মাথোঁন আজি তুমি নাই। 
এই বৰষুণ জাকো বৰ ৰহস্যময় নহয় জানো?
চিতিকি আহি ওঁঠত জিৰালে 
নষ্টালজীয়া হৈ সেমেকি ৰয়। 
কেতিয়াবা তোমালৈ বৰকৈ মনত পৰে জানা,
তেতিয়া শব্দৰ কিছুমান জোৱাৰ উঠে,
তেতিয়া কব নোৱাৰিলোঁ যদিও এতিয়া কব খোজোঁ.....
আবেলিৰ সেই হেঙুলীয়া বৰণ 
তুমিয়েই নহয় জানো?
বৰষুণ হৈ আঁহা এবাৰ কাষৰলে
আলিঙ্গন কৰোঁ। 

খৃষ্টামা লাহন
নাৰী অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
স্নাতক তৃতীয় ষাম্নাষিক


পৃষ্ঠা ১৯

খৰিডাল অঙঠা হৈ জ্বলিল

ৰূপজ্যোতি হাজৰিকা দত্ত

গাভৰু জোনে, আকাশত ফুচফুচাই থাকোতে  মাটিৰ চৌকাত শুকান খৰিডাল অঙঠা হৈ জ্বলিল

ভৰ যৌৱনা জোনটো, আন্ধাৰত কুৰুকি কুৰুকি  সোমাওঁতে অঙঠাবোৰ হৈ পৰিল ক'লা ছাই 

এজাক ধূলিয়ৰি বতাহ আহিল 
কলিজাত লিপিট খাই লাগি ধৰিল ক'লা ক'লা ছাই 

মাটিৰ চৌকাত বেঙা ওঁঠযোৰ আখৈ ফুটাদি ফুটিল—

"ফাগুনে লঠঙা কৰিলেই যেনিবা ,সৰাপাতৰ তলত পুনৰ গজালি মেলিম 
চৌদিশে বিজুলীলতাই আৱৰি ধৰিলেও হৃদয়ত সেউজীয়া বাগিচা পাতিম"

প্ৰতিশ্ৰুতিনো কি ! 
আমি শুনিবলৈ ভাল লগা তালুত খুন্দা মৰা এমুঠি বৰ্ণ ! 

কেতিয়াবা ইয়ো হৈ পৰে 
ইৰিকিটি-মিৰিকিটি খেল

ওঁঠযোৰ জাপ খালে সুৰংগটো আন্ধাৰ হয় 
ওঁঠযোৰ মেল খালে প্ৰতিশ্ৰুতিও লঠঙা ফাগুন হয়।


পৃষ্ঠা ২০

বসন্ত বিলাপ 

(ঋতুৰাজ বসন্ত~ স্তৱক)

         বৰষুণৰ তেজৰ স্তব্ধতাত 
         আন্ধাৰে স্পষ্ট কৰে আত্মদৰ্শনৰ বাট 
         ৰৌদ্ৰোজ্জ্বল পোহৰত জিলিকি উঠা হৃদয় হ্ৰদত,
          বাজি উঠে শংখ নিনাদ 
          আজন্ম কবি আনন্দিত আজি ঋতুৰাজ বসন্তৰ আগমনত। 

          বসন্তৰ প্ৰাণোচ্ছল বুকুত আজি
          উদ্ধাৰ হ'ল সপ্তকুৰি লুইত বাগৰা এটা কফিন 
         ক্ৰমাৎ ! এটা তেজৰঙা টুনিয়ে হাঁহি হাঁহি কৈছিল, 
         কিদৰে চিনাক্ত কৰিবি এই মৃতবীণ ? 
         যাৰ আছে শ্বাক্ষৰবিহীন উকা দলিল।

         ৰ'দৰ মাজেৰে বৈ থকা জিলমিল বৰষুণত 
         তন্দ্ৰাহীন অন্তৰংগ আলাপত লিপ্ত আমি
         আহ ! তোমাৰ মায়াবী বুকুৰ নিবিৰ কোণত,
         বিচাৰি পাওঁ স্বৰ্ণিল বৰ্ণৰে লিখা প্ৰেমৰ স্তৱক 
         সোঁৱৰণীৰ এটি পলত বসন্তৰ তুমি শ্ৰেষ্ঠ স্বাদ।

পিনাক পাণি বশিষ্ঠ
নলবাৰী, ৭৮১৩৩৫


পৃষ্ঠা ২১

মৃত্যু কেৱল বাতৰি নহয়

হিমালয়ৰ হিম  পৰি শুভ্ৰ চোতাল 
জম্মু-কাশ্মীৰ তুমি দেখিছানে ?
ভাৰতৰ মানচিত্ৰত উত্তৰ -পশ্চিম শীৰ্ষত
উলম্ব ছবি পকা চুলিৰে ঢকা যেন মুণ্ড।

দেশৰ সীমান্ততো হিম পৰে 
আমাৰ সেনানীয়ে দেশ বচাব'লে কৰে যুদ্ধ!
ৰক্তপাত হয় , হিম চেঁচা বুলেটৰ অগ্নি শিখাৰে
খেলা হয় বীৰ-বীৰাঙ্গনাৰ

মৃত্যু কেৱল বাতৰি নহয় ই  যে দেশৰ সন্মান ,
শ্বহীদক জাতীয় পতাকাৰে ঢাকি 
দেশজুৰি শোকৰ নিশ্বাসত  শান্তিৰ শ্ল' গান।
তেনে মৃত্যু কেৱল বাতৰি নহয়!

পৃথিৱীৰ উচ্চ গিৰি হিমালয়
সৃষ্টিৰ অনাদি কালৰ ইতিহাস বুকুত সাৱটি
কত প্ৰলয়ৰ ধুমুহাকো বুকু পাতি 
আজিও অক্ষুণ্ণ উচ্চতাৰ কিৰীটি ।

ই যে আমাৰ সেনানীৰ ধৈৰ্য আৰু প্ৰেৰণাৰ উৎস,
হিমালয় পৃথিৱীত সমভূমিতকৈ উচ্চ।
আমাৰ সেনানীও নহয় তুচ্ছ 
শত্ৰুৰ বাবে সদা শিৰ উচ্চ 
দেশৰ বাবে জীৱনকো কৰি তুচ্ছ

দেশ মাতৃৰ প্ৰয়োজনত  আত্ম বলিদান!
তেনে দেশ মাতৃৰ সেই সন্তান 
কৰো আমি তোমাক প্ৰণাম।

ৰিণ্টু টায়ে 


পৃষ্ঠা ২২

নতুন মনৰ গীত

১)
সপোনজাকে মোক খেদি ফুৰিছিল,
মই বাস্তৱক আঁকোৱালি ল'লো।

২) 
মই পৰিৱৰ্তন বিচাৰিছিলো,
অস্তাচলৰ সূৰুজে ক'লে,"মোক বিদায় দিয়া।"

৩)
তেওঁ যেতিয়া কৈছিল,"মোকো লগত নিয়া।"
তেতিয়া মই নতুনৰ লগত ব্যস্ত।

৪)
সৌ শুভ্ৰ ডাৱৰ জাকে আকাশত নাচিছে
পাহাৰতলিত এজাক ৰঙীন পখিলা মোৰ মাতাল মনত।

৫)
এমুঠি নীলা সিঁচা আকাশখনলৈ চালোঁ
এহাল চৰাইয়ে গীত জুৰি কাক মাতিছে?
সম্ভৱতঃ সেয়া নৱতম আলোক।

নিহাল গগৈ


পৃষ্ঠা ২৩

উদিত সূৰ্য 

মনচুমী কলিতা নাথ 

হে মোৰ দিব্য জ্যোতিৰ্ময় 
তোমাৰ বাবে ব্যাকুল হৈ থাকে 
এটি মংগলময় পুৱা, 
এটি ৰৌদ্ৰোজ্জ্বল দিন, 
এটি প্ৰাণোচ্ছল সেন্দুৰীয়া আবেলি ।
তোমাৰ দীপ্তিমান বিচ্ছুৰিত বৰ্ণালী, 
তাৰে সাজোঁ হেঁপাহৰ কাৰেঙ সাতৰঙী ।
তোমাৰ বুকুত উত্তপ্ত অগনিৰ লেলিহান শিখা, 
তথাপি ঢালি দিয়া তুমি 
পৃথিৱীত সঞ্জীৱনী সুধা ।
সেউজৰ বুকুত ফুলে ফুলাম আশা, 
 চকুত জিলিকে প্ৰকৃতিৰ অপৰূপ ৰূপ শোভা ।
ৰৈ থাকে তুমি অহালৈ
বিৰিখৰ ডালে ডালে বিবিধ বিহঙ্গ, 
এন্ধাৰ আঁতৰি হয় নৱ প্ৰভাত
হয় এটি নতুন দিনৰ শুভাৰম্ভ ।
দূৰ হয় দুখৰ ৰাতিৰ বিভিষিকা
তোমাৰ পোহৰত 
আৰম্ভ হয় জীৱন জীয়াৰ কচৰৎ।
প্ৰতি প্ৰভাতত স্তুতি কৰোঁ তোমাক 
নতশিৰে নিবেদি এটি প্ৰাৰ্থনা, 
দুটি নয়ন মোৰ ৰাখিবা কুশলে 
কৰোঁ এই একান্ত কামনা ।
পান কৰিম প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য, 
তিমিৰাচন্ন জগতৰ তমসা গুচাই
 যুগ যুগ জী থাকা 
হৈ তুমি
নীল আকাশৰ উদিত সূৰ্য । 



পৃষ্ঠা ২৪

তমসা সময় 
 
 পৰিমল জোনাকত জুইৰ গোন্ধ
শিলিখা ঢাপৰ ছাঁৰ কৰুণ ক্ৰন্দন
ৰাজহুৱা ডবাৰ দৰে বাজিছিল নিৰৱতা

আকাশত উমি উমি জ্বলিছিল জুই ।

অৰণ্যৰ উচুপনিত সাৰ পালে এঠেঙীয়া ফৰিং
আন্ধাৰৰ পিঠিত উঠি আহিল ধুমুহাত ছিগা
ভলুকা বাঁহৰ কুমলীয়া আগ
বতাহে চোঁচৰাই আনে সাৰেং চৰাইৰ পাখি
সৰ্পিল সময় !

অলপ বিৰতিৰ পিছতে চেতনাৰ স্খলন
সাৰে আছে ধূলিৰে ধূসৰিত পৃথিৱী
ক্ৰন্দসী আকাশ
নিৰৱতাৰ শব্দ
তমসা সময়।
   
ববী দত্ত
বিষয় শিক্ষয়িত্ৰী
বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়
ডাকঘৰ: বনাই
জিলা: যোৰহাট


পৃষ্ঠা ২৫

বুকুতে  আকাশ 
                
 বুকুতে আকাশ 
বুকুতে ৰূপোৱালী 
তিৰ্ বিৰ্  মেঘ।
বুকুতে  জোনোৱালী  সন্ধাৰ 
চিক্ মিক্ বিজুলী 
গঢ়িছে ভাঙিছে বুকুৰ 
সেউজী সপোন 
যেন এজাক  শৰালি ।
বাঢ়িছে বুকুতে 
আবেলিৰ আবিৰ সানি 
হেঙুল হাইতাল 
যেন  ৰঙা বেলি ।

ৰূপা বৰা দাস 
কাকী হোজাই জিলা 
8099219628


পৃষ্ঠা ২৬

হেঁপাহ

ওপজা বেলিটি ৰঙাকৈ উজ্বলিবলৈ আৰম্ভ কৰা সময়তে
আশাৰ কঠীয়াতলিত হাঁহিবোৰ সেউজীয়া হৈ জিলিকিছিল

বাঁহীৰ সুৰত গান গোৱাৰ দুৰ্বাৰ হেঁপাহত 
চেপা মাতটো ডিঙিলৈকে উজাই আহিছিল
এজাক ৰঙীন সপোনৰ পম খেদি 

বহুৰঙী পখিলা হৈ উৰিছিলো সেইদিনাই 
সুখবোৰ যে ৰঙীন কৰিবলৈ প্ৰত্যাশিত হৃদয়ৰ দুৰ্বাৰ হেঁপাহ।


পৰিমিতা দাস 
সহকাৰী অধ্যাপিকা (অসমীয়া বিভাগ)
ৰঙাচাহী মহাবিদ্যালয়


পৃষ্ঠা ২৭
কবিতাই গৰকা চোতাল

কোনোবাই সুধিলে লিখিছানে কবিতা ?
তপৰাই ক'লো, নিৰ্মাণ কৰাৰ কথা ভাবিছো
এগাড়ী শিল, আধা গাড়ী ইটা
চিমেণ্টৰ বস্তা চাৰিটামান
কৰণী, হাতুৰি গোটাইছো
এজাক বৰষুণ কামনা কৰিছো ইটা তিয়াবলে'
পৰিবেশ বিচাৰিছোঁঁ
ধুনীয়া কোমল বতাহে নচুৱাই থকা
ছেঃ ! অপৈণত ইটা ,পানী ঢালোঁঁতেই ঠন‌্ঠনাই
মাটিসোপা ওলালচোন !
চিমেণ্টখিনি বাকোঁঁতেই
কুঁকুহা হৈ উৰিল
বস্তাটো মৰাশৰ দৰে পৰি ৰ'ল,
পানী যুঁৱলীত পৰি থকা বালিবোৰত লাগি থকা
সোণৰ চেঁকুৰাবোৰে হাঁহিলে,
সিহঁতে চাগে ভাবিছে
পকী দেৱালত জিলিকিম কিমান যে ভাল লাগিব
ঘৰটোৰ চিত্ৰ শিল্পীজন বিচাৰিলো এইবাৰ।
কোনখন নক্সা সুন্দৰ হ'ব
খিৰিকি- দুৱাৰ কেইখন হ'ব
চাঁদলে' যোৱা বাটটো প্ৰশস্তনে ?
বহু চিন্তাৰ আওঁঁতাত 
মোৰ এই কবিতা  
পৰিপক্ক নে সোপোকা
ক্ষণভঙ্গুৰ নে চিৰস্থায়ী
নিটোল হ'ব নে বাৰু কবিতা ?
                   
ৰেখা বৰকটকী
যোৰহাট

পৃষ্ঠা ২৮

জীৱনীৰ পৃষ্ঠা

ছাইফুদ্দিন আহমেদ 
                             
আছো লিখি 
জীৱনৰ পৃষ্ঠাবোৰ
নাজানো 
হ'বনে নহয়
এখন পঠন যোগ্য জীৱনী

জীৱনৰ পৃষ্ঠাবোৰ
বাৰে বাৰে লুটিয়াওঁ
কৰোবাত
কিবা ভুল ৰৈছে নেকি !

জীনৱ মানেই সংগ্ৰাম
হৰ্ষ-বিষাদৰ বৈভৱ

জীৱনীৰ পৃষ্ঠাবোৰ
মই শব্দৰে সজাইছোঁ
আপুনি চকু ফুৰাইছে অথবা পঢ়িছে

নীৰৱে, নিঃশব্দে
হাঁহি মনে অকলশৰে
পঢ়ক মোৰ আত্মজীৱনী
নহওক লাগে কোনো মোৰ গুণমুগ্ধ 
তথাপি
কৃতজ্ঞতা পঢ়া জনলৈ ।


পৃষ্ঠা ২৯
সুখ

বাসন্তী ফুকন

সিঁ‌চি থোৱা সুখ বোৰ ধুমুহাই বুটলি নিলে
একো নুবুজি প্ৰভু
বাৰে বাৰে তোমাকে দুষিলো
কঁ‌পালৰ জোনবাই বেলিৰে ঢাকিলা,
তোমাৰ লীলা যে প্ৰভু একো নেজানিলো।
অজানিতে খেপিয়াওঁ‌  দুভাগ ৰাতি
কেনিনো হেৰাল মোৰ সুখৰ ঘুমতি 
আকাশৰ বুকুলৈ তুমি ইচাৰা দিলা
অজস্ৰ তৰাৰ মাজত মোৰ সুখ সামৰিলা।
নীলা আকাশ প্ৰভূ শুভ্ৰতাৰে সজালো,
আকাশৰ তৰাবোৰ তাতে সিঁ‌চি দিলো।
জোনবাইকো কেতিয়াবা থাপ মাৰি আনি
বেলিৰে ঢাকিথোৱা সুখৰ চোতালত
জোৰকৈ এখন্তেক বহুৱাই চালো,
সুখৰ নীলা চৰাইটো প্ৰভূ
এনেকৈয়ে দিছা বুলি পতিয়ন গ'লো।


পৃষ্ঠা ৩০

কবিতা

গীতাঞ্জলি দেৱী

তুমি আছা বাবেই  নিয়ৰকণাৰ দৰে সৰি পৰে মোৰ অনুভৱ ।
চঞ্চল মেঘৰ দৰে উৰে ।
দিনান্তৰৰ শেষতো উজাগৰে ৰয় ভাগৰুৱা আত্মা ।

তুমি আছা বাবেই 
ফাগুন অথবা ব'হাগক অনাহুত সময়তো আহ্বান কৰোঁ 
কুঁৱলীৰ আৱেশতো ৰ'দে ধোৱা বাটেৰে আগবাঢ়োঁ

দেওদৰিকৰ বাট পোনাই গৈ থাকে মোৰ লৰিয়লি সপোন
তুমি আছা বাবেই  ।
যাতনা সামৰি অহৰ্নিশে কথা পাতোঁ ফুল-তৰাৰে 
হেৰায় হেৰুৱাওঁ  অত্যাজ্য  প্ৰেম ।
দুখে-তাপে দহিলেও  এখন ৰামধেনু আকোঁ ।
তুমি আছা বাবেই …

আইপৰীয়া ল'ৰালিৰ অনিন্দ্য সময় আজিও তোমাতে
কঠিন শিলনিত খোজ দি পাৰ হোৱা সময়ৰ হিচাব 
আজিও তোমাতে 
চেগবুজি আঁচল খহি পৰাৰ লাজুকী ক্ষণবোৰ ধৰা দিয়ে  তোমাতেই  ।

নিৰৱতাৰ স'তে বিলীন হয় মোৰ 
দিন আৰু ৰাতি । 
শেষ হৈও শেষ হ'ব নোখোজে চোন 
আবতৰীয়া হেঁপাহ ।

নদী, অৰণ্য আৰু পাহাৰৰ চূড়াত 
তোমাক বিচাৰি মই গৈয়ে থাকোঁ ।

তুমি আছা বাবেই শামুকৰ খোলাটো সপোন এটা গজি উঠে ।
জাৰে-জহে   আন্ধাৰে-পোহৰে  সংগোপনে নামি আহে তোমাৰ আদৰৰ নিশ্বাস ।
মই মৰি-মৰি জী উঠোঁ 
তোমাৰ বাবে 
তুমি আছা বাবেই ।


পৃষ্ঠা ৩১
দৃশ্য

সাগৰৰ বুকুৰ পৰা মাজৰাতি
কোনে বিনাই 
আকাশ নিমাত
ঢৌবোৰে পাৰত খুন্দিয়াই

বতাহজাকে কাণে কাণে কৈ যায়
               
দীপাংকৰ জ্যোতি বৰা
তৰাজান,যোৰহাট

পৃষ্ঠা ৩২
ঠাই বিশেষঃ

মোৰ প্ৰিয় ঠাইখন

মোৰ ঘৰ গোলাঘাটত । মই মোৰ জীৱনৰ ১৬টা বছৰ ইয়াতে অতিবাহিত কৰি আহিছো। অৰ্থাৎ মোৰ জন্ম স্থান গোলাঘাট। মই গোলাঘাট শংকৰদেৱ শিশু/ বিদ্যা নিকেতনৰ ছাত্ৰী । এই কথাখিনিৰ পৰা হয়তো আপোনালোকে ভাবিছে মোৰ প্ৰিয় ঠাইখন গোলাঘাট বুলি। কিন্তু নহয় , মোৰ আটাইতকৈ প্রিয় ঠাইখন হ'ল কামৰূপ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ পাৰে গুৱাহাটীৰ পৰা ৩৫ কিলোমিটাৰ দূৰত অৱস্থিত , যাক " অসমৰ মান চেষ্টাৰ"(Manchester Of Assam) বুলি কোৱা হয়। হয় ঠিক ধৰিছে আপোনালোকে মই সোণালী সূতাৰ দেশ শুৱালকুছিৰ কথা কৈছো। এই ঠাইখন মোৰ অতিকৈ প্ৰিয় । জনশ্ৰুতি অনুসৰি অতীতত এই ঠাইলৈ শংকৰদেৱ আহোঁতে শিয়ালে হুৱা দিছিল বাবে এই ঠাইৰ নাম শিয়ালকুচি হয় আৰু সময় অতিবাহিত হোৱাৰ লগে লগে শিয়ালকুচিৰ পৰা এই  ঠাইৰ নাম শুৱালকুচি হয়। অতি মনোমোহা পৰিৱেশৰ এই অঞ্চল । এই ঠাইৰ সকলো দিশে তাঁতশালৰ শব্দ । ইয়াৰ বিশেষত্ব এয়ে  যে ইয়াত সকলোৰে ঘৰে ঘৰে এখনকৈ হ'লেও তাঁতশাল দেখা যায় । 
                      এই অঞ্চলৰ মুঠ মাটিকালি প্ৰায় কামৰূপ জিলাৰ ৭০ বর্গকিলোমিটাৰ আগুৰি আছে।  ২০০১  চনৰ লোকপিয়ল মতে ইয়াৰ জনসংখ্যা ১৪,১২৯ জন। এই ঠাইত বড়ো জনজাতিলোক বহু বেছি পৰিমানে দেখা যায়।
                    ইয়াত শুৱালকুচি বনাঞ্চল নামে এক বনাঞ্চল দেখিবলৈ পোৱা যায় য'ত নেকি  কেটেলা পহু, সুগৰী পহু,শহা পহু , বান্দৰ আদিৰ লগতে বহু পৰিমাণৰ     শিহু  , শিয়াল , স্থানীয় আৰু  পৰিভ্ৰমী চৰাই দেখা যায়।
                      ১১শ শতিকাত পাল ৰজাবংশৰ ৰজা ধৰ্মপালে ২৬টা বোৱনী পৰিয়ালক তাঁতকুছিৰ পৰা শুৱালকুচিলৈ আনিছিল । ১৭শ শতিকাত মোগলক পৰাস্ত কৰি শনসকলে শুৱালকুচি দখল কৰাৰ পিছত ইয়াত বয়ন শিল্প গঢ় লৈ উঠিব ধৰে । ১৯৩০ চনলৈকে কেৱল তাঁতীসকলে বয়ন শিল্পৰ লগত জড়িত আছিল । কিন্তু সময়ৰ লগে লগে আন আন জনজাতিৰ লোকেও এই শিল্পৰ লগত জড়িত হৈ পৰে আৰু এনেদৰে শুৱালকুচি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ হৈ উঠে। ইয়াত তৈয়াৰী এৰি , মুগা , পাট কাপোৰৰ লগতে এৰি , পাট মুগাৰে তৈয়াৰী গামোচা চাদ মেখেলা আদি বিদেশ পর্যন্ত ব্যাপ্ত।
                    বৰ্তমান সময়তো এই ঠাইত হাতেৰে পলুৰ পৰা মুগা প্ৰস্তুত কৰাৰ লগতে বৰ্তমান প্ৰযুক্তি বিদ্যাৰ জৰিয়তে তৈয়াৰ হোৱা মেচিন ব্যৱহাৰ নকৰি হাতেৰে বোৱা কটা , ফুল তোলা , মহুৰা ফুৰোৱা আদি কাম কৰা হয় । 
                      এই ঠাইত বিহুৰ লগতে শংকৰী উৎসৱ, ৰাস, মনসা পূজা কৰা দেখিবলৈ পোৱা যায় । ইয়াত ৩/৪ দিন ধৰি মা মনসাক পূজা অৰ্চনা কৰা হয়। উৎসৱৰ সময়ত ইয়াত গুৰুজনাৰ নামত শোভাযাত্ৰা দেখাৰ উপৰিও বাটৰ ভাওনা দেখা যায় । ইয়াত শ্ৰী শ্ৰী ঈশ্বৰহাতী সত্ৰ , সিদ্ধেশ্বৰী দেৱালয় আদিৰ দৰে অনেক সত্ৰ দেৱালয় আছে। জনশ্ৰুতি মতে এই ঠাইতে সতী দেৱী দহন শৰীৰৰ এটি অংশ পৰি কামাখ্যা মন্দিৰৰ উৎপত্তি হৈছিল কিন্তু কিছুমান অসুবিধাৰ বাবে  কামাখ্যা মন্দিৰ নীলাচল পাহাৰত স্থাপন কৰে।
                  এই স্থানত ১৯৭৯ চনত অতুল চন্দ্ৰ বৰুৱা দেৱৰ সভাপতিত্বত আৰু ২০২০ চনত কুলধৰ শইকীয়াৰ সভাপতিত্বত দুবাৰকৈ অসম সাহিত্য সভা অনুষ্ঠিত হয় । যাৰ পৌৰাণিক নাম আছিল অসমীয়া ভাষাৰ উন্নতি সাধিনি সভা চমুকৈ অ.ভা.উ.সা । 
                     ইয়াত শুৱালকুচি বস্ত্ৰ উদ্যান নামে থকা উদ্যানখন কণ কণ শিশু সকলৰ মনোৰঞ্জনৰ উপৰিও ইয়াত এনে কিছুমান মূৰ্তি দেখা যায় যিবোৰ পলু পোহা ,সূতা কটা , তাঁত শাল যোৰোৱা , ঢেকী দিয়া, হাল বোৱা কণ কণ শিশুবোৰে মাৰ্বল খেলা, হাঁহ খেদি ফুৰা আদিৰ দৰে অনেক মূৰ্তি   দেখিবলৈ পোৱা  যায়। মহাত্মা গান্ধীৰ নামত নৱগঠিত এখন উদ্যান দেখা যায় । 
                   এই ঠাইলৈ যদিও মই বহু বাৰ গৈছো তথাপিটো গৈ আমনি নলগা এখন ঠাই যি মোৰ সকলোতেকৈ প্ৰিয়। 
   
চোহানী নাথ
শংকৰদেৱ শিশু/বিদ্যা নিকেতন, গোলাঘাট



পৃষ্ঠা ৩৩
অনুভৱঃ

শ্ৰী বিনন্দ শৰ্মা পূজাৰীদেৱৰ সৈতে কথোপকথন



প্ৰশ্ন: অঙ্গনে আপোনাক স্বাগতম জনাইছো
বি:পূ- ধন্যবাদ
প্ৰশ্ন: আপোনাৰ পৰিচয়
বি:পূ:- মই বিনন্দ শৰ্মা পূজাৰী। মোৰ  ঘৰ যোৰহাট জিলাৰ পকামূৰাত
প্ৰশ্ন: আপোনাৰ জন্ম কোন চনত আৰু ক'ত হৈছিল?
বি:পূ:- মোৰ জন্ম ১৯৪৮ চনৰ ব'হাগ মাহৰ অক্ষয় তৃতীয়াত পকামূৰা বৰুৱা গাঁৱত হৈছিল।
প্ৰশ্ন: আপোনাৰ পিতৃ-মাতৃৰ নাম ?
বি:পূ:- মোৰ পিতৃৰ নাম ঁৰাধানাথ পূজাৰী আৰু মাতৃৰ নাম ঁকুসুম কুমাৰী দেবী
প্ৰশ্ন: আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে অলপ ক'ব নেকি?
বি:পূ:-মোৰ শিক্ষা জীৱনৰ আৰম্ভণি ৯৯ নং বৰশইকীয়া প্ৰাথমিক বিদ্যালয়ত হৈছিল। ১৯৬৪ চনত দহোটিয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অসম্পূৰ্ণ কৰি উভতি আহো। পৰবৰ্তী সময়ত অসম শিক্ষা সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ হাফলং বালক বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰি ২০০৭ চনত যোৰহাট বালক বিদ্যালয়ৰ পৰা অবসৰ গ্ৰহণ কৰোঁ।
প্ৰশ্ন: আপোনাৰ বাল্যকালটো কেনেদৰে অতিবাহিত হৈছিল?
বি:পূ:- মই ঘৰৰ পাচোঁটা ল'ৰাৰ ভিতৰত নুমলীয়া ল'ৰা আছিলোঁ। মোৰ ডেৰবছৰ বয়সত মোৰ পিতৃৰ মৃত্যু হৈছিল। মোৰ মাৰ ওপৰত  পাচোঁটা ল'ৰা আৰু এজনী ছোৱালীৰ ভৰণ-পোষণৰ ভাৰ পৰিছিল। প্ৰচণ্ড দাৰিদ্ৰতাৰ মাজত আমাৰ জীৱন বৰ কষ্টৰে অতিবাহিত হৈছিল।সুদা পেটেৰে স্কুল গৈছিলো-আহিছিলো। তাৰ মাজতে মই স্কুলৰ পুথিভঁৰালত বিভিন্ন ধৰণৰ গ্ৰন্থ পঢ়াৰ এটা অভ্যাস গঢ়ি তুলিছিলো আৰু তেতিয়াৰ পৰাই সকলোতে বিজয়ী হোৱাৰ চেষ্টা চলাইছিলো। অতি প্ৰতিকুল পৰিৱেশটো সংগ্ৰাম চলাই যাবলৈ অভ্যাস কৰিছিলো। কাৰোবাৰ পৰা প্ৰেৰণা পালে ভাল লাগিছিল কিন্তু প্ৰেৰণা নাপালেও মই হতাশ নহৈছিলো। কোনো কামতেই সময়ৰ অভাব বুলি অজুহাত দেখুৱাটো ভাল নাপাইছিলো। মোৰ বাবে সময় সদায়েই অফুৰন্ত আছিল। বাল্যকালৰ এই স্বভাবটোৱেই আজিৰ মানুহটো গঢ়াত সহায় কৰিলে।
প্ৰশ্ন: আমি ইতিমধ্যেই আপোনাৰ কথাৰ পৰা গম পাইছো যে গ্ৰন্থৰ লগত আপোনাৰ সম্পৰ্ক বাল্যকালৰ পৰাই, আপোনাৰ দ্বাৰা ৰচিত গ্ৰন্থৰ বিষয়ে আমি গম পাইছো। আপুনি আমাৰ পঢ়ুৱৈৰ বাবে নিজেই ক'ব নেকি আপোনাৰ গ্ৰন্থৰ বিষয়ে!!
বি.পূ. - হয়, কিতাপ কিনি পঢ়াৰ সামৰ্থ নথকাৰ দিনটো কুমাৰ গাওঁৰ দুৰ্লভ বৰাৰ দোকানৰ পৰা বস্তু বান্ধি দিয়া কাগজৰ টুকুৰাও পঢ়াৰ অভ্যাস কৰিছিলো আৰু সেই অভ্যাস আজিলৈকে নিৰৱিচ্ছিন্ন ভাৱে চলি আছে।যেতিয়া দুপইচা ঘটিব পৰা হ'লো তেতিয়াৰ পৰাই কিতাপো কিনিবলৈ আৰম্ভ কৰিলোঁ আৰু বৰ্তমান মোৰ এইদৰে কিনা কিতাপ-আলোচনীৰে এটি সৰু পুথিভঁৰাল গঢ়ি তুলিছো। চাকৰিৰ পৰা অৱসৰ লোৱাৰ আগলৈকে বিভিন্ন ধৰণৰ সামাজিক সাংগঠনিক কামত লাগি থকা বাবে লেখা -মেলা কামত আত্মনিয়োগ কৰিব পৰা নাছিলো।২০০৭ চনত ৫৯ বছৰত অবসৰ লোৱাৰ পিছতো লেখাৰ পৰিকল্পনা কৰি থাকোতেই কেইবাবছৰো পাৰ হৈ গ'ল। আনহাতে পুথিভঁৰালটোলৈ গ'লেই কিনি থোৱা কিতাপবোৰে যেন মোক কয়, 'আমাক ব্যৱহাৰ নকৰ নেকি ? কেতিয়া কৰিবি?' এইবাৰ মন বান্ধি ল'লো আৰু ৬৫ বছৰ বয়সত মোৰ ছোৱালী সংহিতা পূজাৰীয়ে আনি দিয়া এক ৰীম কাগজ আৰু পাঁচটা ২০ টকীয়া ডট পেনেৰে লেখক জীৱন আৰম্ভ কৰিলোঁ আৰু তাৰপাছত ৰোৱা নাছিলো। দিনে ১২-১৪ ঘন্টাকৈ লিখনৰ কাম কৰি আছিলোঁ। প্ৰথমতে "১০১ জাতকৰ কাহিনী ৰচনা কৰিলোঁ"। তাৰপাছত "হিন্দু সকলৰ  দেৱ-দেৱীৰ পৰিচয়" নাম দি একেলেথাৰিয়ে ৩৫ টা মান দেৱ-দেৱীৰ সম্পৰ্কীয় প্ৰবন্ধ লিখিলোঁ। কিন্তু সেইখন গ্ৰন্থ সম্পূৰ্ণ নকৰাকৈয়ে 'ৰামায়ণ' উলিয়াই ল'লো আৰু " ৰামায়ণ- কোষ" নামৰ এখন প্ৰসঙ্গ কোষ লিখিবলৈ আৰম্ভ কৰি ৯-১০ মাহমানত শেষ কৰিলোঁ। এদিন সেই পাণ্ডুলিপিটো মোৰ ভতিজী ড০ বন্দনা পূজাৰীয়ে লৈ গৈ গুৱাহাটীৰ ' ষ্টুডেণ্ট ষ্টৰচ্' ৰ মালিকক দিলত তেখেতে মোক মানুহজনক নেদেখাকৈয়ে গ্ৰন্থখন ছপা কৰি উলিয়ালে।মনত উৎসাহ বাঢ়ি গ'ল। ইতিমধ্যে মই সংস্কৃত শ্ৰীমদ্ভাগৱতৰ ১৮০০০ শ্লোকৰ অসমীয়া গদ্যানুবাদ কামত লাগি আছিলোঁ।সেই কথা গম পাই এদিন ৰাতি 'আসাম পাব্লিকেচন কোম্পানী' ৰ বিজয় স্যানালে প্ৰকাশৰ বাবে অনুৰোধ কৰি গ'ল। মনত উৎসাহৰ অন্ত নোহোৱা হ'ল। পৰিশ্ৰমৰ মাত্ৰা বঢ়াই সেইখন শেষ কৰি তেওঁলোকক জমা দিলোঁ। কিন্তু তেওঁলোকে ৰামৰ জীৱনৰ ওপৰত লিখা "শ্ৰীৰামচন্দ্ৰৰ জীৱন গাথা" গ্ৰন্থখন আগতে ছপা কৰি উলিয়াই বৃহৎ কলেৱৰৰ শ্ৰীমদ্ভাগৱতৰ কথাৰ কাম পিছুৱাই থ'লে। ইতিমধ্যে সমগ্ৰ দেশ জুৰি ল'কডাউন আৰম্ভ হোৱাত তেওঁলোকে প্ৰকাশৰ অক্ষমতা প্ৰকাশ কৰিলত গ্ৰন্থখনৰ পাণ্ডুলিপিটো ঘৰলৈ আনি "অংকূৰণ প্ৰকাশন" ক ডীতিপি কৰিবলৈ দিলো আৰু ডীতিপি কৰাৰ আগে আগে মোৰ খুলশালি দেবজিত কটকীয়ে গ্ৰন্থখনৰ প্ৰকাশৰ দায়িত্ব ল'লে। য'তদুৰ সম্ভৱ বিহুৰ আগে আগে কিতাপখন পঢ়ুৱৈৰ হাতত পৰিব।মহাপুৰুষ শংকৰদেৱৰ পিছত কোনো অসমীয়া লোকে মূল সংস্কৃত ভাগৱতখন পঢ়াৰ সুবিধা লাভ কৰা নাই। আনহাতে অসমীয়া পদ ভাগৱতত মূল ভাগৱতৰ সকলোবোৰ কথা অনুবাদ কৰা হোৱা নাই। সেইকাৰণেই মই বিদগ্ধ সংস্কৃত পণ্ডিত নহ'লেও হিন্দী-বাংলা আৰু ইংৰাজী ভাষাত প্ৰকাশ হোৱা ভালেমান বিদগ্ধ পণ্ডিতৰ অনুবাদৰ আধাৰত এই গ্ৰন্থখনি প্ৰস্তুত কৰিছোঁ, আশা কৰোঁ গ্ৰন্থখনে পঢ়ুৱৈৰ সমাদৰ লাভ কৰিব। ভাগৱতৰ বিষয়ে সবিশেষ জানিবলৈ অলপদিনৰ ভিতৰত বিশাল আয়তনৰ "ভাগৱত - কোষ" খনো পঢ়ুৱৈৰ হাতত পৰিব।
প্ৰশ্ন :আপুনি আগৰটো প্ৰশ্নৰ উত্তৰত উল্লেখ কৰি যোৱা সামাজিক সাংগঠনিক কামৰ বিষয়ে অলপমান কওকচোন। তেনে কি ধৰণৰ কাম কৰিছিল ? 
বি:পূ: - স্কুলত থাকোতেই শিক্ষক আৰু সমাজসেৱক হ'ম বুলি ঠিৰাং কৰিছিলো। স্নাতক প্ৰথম পৰ্যায় পোৱালৈকে কোনো সমাজপৰিষদৰ কাম কৰাৰ সুবিধা পোৱা নাছিলো। ১৯৬৯ চনত মোৰ পূজনীয় ভাঙৰ দাদা( পিতৃ স্বৰূপ) ৰ উপদেশ মতে পকামূৰাত এখন মধ্য ইংৰাজীৰ স্কুল পতাৰ কামত লাগিলো। বহুত তিতা-মিঠা অভিজ্ঞতা লাভ কৰিও ১৯৬৯ চনত স্বৰ্গীয় আনন্দচন্দ্ৰ বৰঠাকুৰৰ ভূমি দানৰ বদান্যতাত আৰু সেই সময়ৰ পঞ্চায়তৰ সভাপতি স্বৰ্গীয় চন্দ্ৰনাথ ভৰালীৰ উৎসাহত " পকামূৰা ভৱেন্দ্ৰনাথ বৰঠাকুৰ  মধ্য ইংৰাজী বিদ্যালয়" প্ৰতিষ্ঠা কৰোঁ। তাৰ উপৰিও তিতাবৰ মহিমাবাৰীত মাজুলীৰ কমলাবাৰী সত্ৰৰ উদ্যোগ( গ্ৰাণ্ট)ত "শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ হাইস্কুল" নামৰ এখন বিদ্যালয় প্ৰতিষ্ঠা কৰোঁ। তাৰ উপৰিও পকামূৰা বৰুৱা গাওঁ পূজাৰী চুকৰ "শ্ৰী শ্ৰী ৰাধা-গোৱিন্দ মন্দিৰ" টোৰ নৱ নিৰ্মানৰ মূক্ষ্য ভূমিকা পালন কৰোঁ। লগতে ২০০৬ চনত "শংকৰদেৱ সংগীত চৰ্চা কেন্দ্ৰ"টোৰ ও প্ৰতিষ্ঠা কৰোঁ। তাৰপাছত ২০০২ চনত ত "ৰাধা-কুসুম কলা নিকেতন " প্ৰতিষ্ঠা কৰোঁ। এইবোৰৰ উপৰিও "চেতনা শাখা সাহিত্য সভা, চেতনা মইনা পাৰিজাত, হাফলং সাহিত্য চ'ৰা( শাখা সাহিত্য সভা) আদিৰ প্ৰতিষ্ঠা টো কাণ্ডাৰীৰ ভূমিকা পালন কৰিছিলোঁ। পকামূৰা সাৰ্বজনীন দূৰ্গা মন্দিৰ নিৰ্মাণটো ওত:প্ৰোত ভাৱে জড়িত আছিলোঁ।
প্ৰশ্ন:আপোনাৰ লিখনিৰ মাজলৈ আকৌ ঘূৰি আহিছো। আপোনাৰ যিখিনি গ্ৰন্থ ইতিমধ্যে যন্ত্ৰস্থ হৈছে সেইখিনি কথোপকথনৰ মাজেদি গম পাইছো আৰু অপ্ৰকাশিত পাণ্ডুলিপি কিবা আছে নেকি?
বি:পূ:-হয় আছে। মই সম্পূৰ্ণকৈ লিখি থোৱা পাণ্ডুলিপি কেইটা হ'ল " অনুপম-ৰামায়ণ, বিশ্ৰৱানন্দন ৰাৱণ দশানন ( জীৱনী), কৌশল্যানন্দন( উপন্যাস), প্ৰদীপ্ত অগ্নিশিখা ( উপন্যাস), কুসুম কোষ( ভাৰতীয় ঋষি-মুনিসকলৰ জীৱনী কোষ), হিন্দুসকলৰ দেৱ-দেৱীৰ পৰিচয়, শংকৰদেৱ বৰগীত ইয়াৰ লগতে শ্ৰীকৃষ্ণৰ ওপৰত এখন সম্পূৰ্ণ অগতানুগতিক জীৱনী গ্ৰন্থ ৰচনাৰ হেঁপাহ আছে।
প্ৰশ্ন: আপুনি গ্ৰন্থসমূহৰ উপজীৱ্য হিচাপে ধৰ্মীয় গ্ৰন্থকেই কিয় বাচি ল'লে?
বি:পূ:- এসময়ত মই "এচিয়াৰ জ্যোতি" নামৰ গ্ৰন্থ এখন পঢ়ি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিম বুলি ভাবিছিলো আৰু সেইদৰে জীৱন যাত্ৰাৰ প্ৰণালীৰো পৰিবৰ্তন কৰিছিলো। ক্লাছ নাইন-টেন ৰ পৰা বিএ পাছ কৰালৈকে এইছোৱা সময়ত শংকৰদেৱৰ বাহিৰে অন্য একো ক'ব নোৱাৰা হৈ আছিলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এম এ পঢ়িবলৈ গৈ মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি আকৃষ্ট হ'লো। ফলত তেতিয়া মাৰ্ক্স,এঙ্গেলচ্,লেলিন, ষ্টেলিন,হোচিমিন,চেগুৱেভাৰ আদিৰ কিতাপবোৰ সস্তাতে পাই কিনিছিলো আৰু গোগ্ৰাসে অধ্যয়ন কৰিছিলোঁ। কিন্তু তাৰপাছত মোৰ বোধোদয় হ'ল, বিশ্বজূৰি হোৱা আন্দোলনৰ বিফলতা আৰু নেতাবোৰৰ মাজৰ স্বাৰ্থপৰতা আৰু ক্ষমতা লালসাই মোৰ মনত বিতৃষ্ণা ল'গালে আৰু মই সেইবোৰ এৰি পেলালো। তাৰপাছত ধৰ্ম-অধৰ্মৰ মাজত মই বহুদিন ওলোমা বাদুলী হৈ থাকিলো। শেহতীয়াকৈ ভাৰতীয় সনাতন ধৰ্মৰ প্ৰমূল্যবোৰে মোক আকৃষ্ট কৰিলে। বিশেষকৈ গীতা-ভাগৱত আৰু শ্ৰীকৃষ্ণৰ জীৱনৰ শিকনিসমূহে মোক অনুপ্ৰাণিত কৰিলে আৰু মোৰ বোধ হ'ল যে গীতা-ভাগৱত , শ্ৰীকৃষ্ণৰ জীৱন দৰ্শনেই বিশ্ববাসীক প্ৰকৃত জীৱনৰ সোপান দান কৰিব।
প্ৰশ্ন:শেষত আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আপোনাৰ কৰ্মজীৱনৰ প্ৰতি অঙ্গনে শুভ কামনা জনালোঁ।
বি:পূ: ধন্যবাদ ভগৱান শ্ৰীকৃষ্ণই তোমাৰো জীৱন সুন্দৰ কৰক।

সাক্ষাৎকাৰ গ্ৰহণ কৰিলে: মুখ্য সম্পাদক হেমেন নাথ
আৰু প্ৰতিনিধি সংহিতা পূজাৰীয়ে


পৃষ্ঠা ৩৪

ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী :  ১৩

মেক্লোডগঞ্জধর্মশালা

         'খজ্জিয়াৰ'ৰ পৰা ওলাই অহা বাটটোত যথেষ্ট অঁকোৱা-পকোৱা আছিল ৷ কিছুদূৰ বাট কেঁচা আছিল যদিও লাহে লাহে পকী ৰাস্তা   পালোঁ ৷ এফালে প্রকাণ্ড পাহাৰ আৰু আনফালে পাহাৰৰ দ' নামনি ৷ গতিকে ভয় লগাটো স্বাভাৱিক কথা ৷ তেনেতে হঠাতে পাহাৰৰ ওপৰত সুন্দৰকৈ নির্মাণ কৰা শিৱৰ প্রকাণ্ড প্রতিমূর্তি এটাত চকু পৰিল ৷ বাটটো অঁকোৱা-পকোৱা হোৱা বাবে বহুদূৰ আগবাঢ়ি অহাৰ পাছতো সেই প্রতিমূর্তিটো দেখা পোৱা গৈ আছিল ৷ প্রাকৃতিক সৌন্দর্য্যবোৰ উপভোগ কৰি কৰি আমি ভাবিলোঁ একেদিনাই দিল্লীলৈ গুছি যাম ৷

          আমাৰ দুয়োখন গাড়ী অগা-পিছাকৈ চলি আছিল ৷ এটা সময়ত আমাৰ বাহন চালক দুজনে জনালে যে একেকোবে দিল্লী গৈ পোৱাটো অসম্ভৱ হ'ব ৷ ইতিমধ্যে বৰ ভাগৰ লাগিছে ৷ ৰাতি চকুত টোপনিয়ে হেঁচা মাৰি ধৰিলে কথা বিষম হ'ব ৷ লগত কণ কণ ল'ৰা-ছোৱালী আৰু বয়সীয়াল লোক আছে ৷ গতিকে 'ধর্মশালা' নামৰ ঠাইত ৰাতি থকাৰ কথা ক'লে ৷ তেওঁলোকৰ কথা শুনি মোৰ মনৰ ভ্রমণ বলিয়ালিয়ে পুনৰ উক দিয়া যেন অনুভৱ কৰিলোঁ ৷ তেতিয়া বেলি লহিয়াবৰ সময় হৈছিল ৷ আমি  'ধর্মশালা' প্রৱেশ কৰাৰ লগে লগে মই মাত লগালোঁ , " আহিলোঁ যেতিয়া 'মেক্লোডগঞ্জ' চাই যাওঁ " ৷ কোনোৱে কোনো ধৰণৰ প্রশ্ন উত্থাপন নকৰাকৈ মোৰ প্রস্তাৱ গৃহীত  হ'ল ৷ কাৰণ 'ধর্মশালা'ৰ পৰা 'মেক্লোডগঞ্জ'ৰ দূৰত্ব মাত্র পাঁচ কিঃমিঃ ৷ পাহাৰৰ ওপৰলৈ উঠি গৈ থাকোতে তললৈ চাই চাই অনুপম প্রাকৃতিক সৌন্দর্য্য উপভোগ কৰিছিলোঁ ৷ ওপৰলৈ চালে বেলিটোৱে আকাশত সৃষ্টি কৰা এক নৈসর্গিক শোভা দেখিবলৈ পাইছিলোঁ ৷ লাহে লাহে আমি 'মেক্লোডগঞ্জ' এলেকাত প্রৱেশ কৰিলোঁ ৷ কিন্তু আমাৰ বাহনৰ গতি ক্রমান্বয়ে কমি আহিবলৈ ধৰিলে ৷ আৰু এটা সময়ত যানজঁটৰ এনে এক চক্রুব্যুহত সোমাই পৰিলোঁ , ওলাবলৈ কোনো বাটেই বিচাৰি নাপালোঁ ৷ আগলৈকো যাব নোৱাৰি , পিছুৱাই আহিবও নোৱাৰি ৷ প্রায় এঘণ্টামান পাছতহে শামুকীয়া গতিত যান-বাহনবোৰ চলিব ধৰিলে ৷ এই শামুকীয়া গতিত 'মেক্লোডগঞ্জ' ঠাইখন চোৱা আৰু তাৰ বিখ্যাত 'মনেষ্ট্রিবিচাৰি উলিওৱাটো অসম্ভৱ কথা ৷ গতিকে সেই চক্রব্যুহৰ পৰা যিফালৰ পৰা ওলাব পাৰি সিফালৰ পৰা ওলাই অহাটোৱে শ্রেয় ৷ ইফালে আমাৰ সকলোৰে ভাগৰত দেহা জুৰুলা হ'ব ধৰিছে ৷ যেনে তেনে কৰোবাত হোটেল এখন পালেই ৰক্ষা !  বহুপৰ সংঘর্ষৰ পাছত সেই যানজঁটৰ চক্রুব্যুহৰ পৰা ওলাই পাহাৰৰ নামনিলৈ আহি 'ধর্মশালা' পালোঁ ৷ তাত কেবাখনো 'হোটেল'ত সোধ-পোছ কৰাৰ পাছত এখন ভাল 'হোটেল'ত দুটা 'ৰুম' পাইহে যেন সকাহ পালোঁ ৷

        গা-পা ধুই জিৰাই-শঁতাই ৰাতিৰ আহাৰ গ্রহণ কৰি থকাৰ সময়ত পৰিকল্পনা কৰা হ'ল যে পুৱা যিসকল সোনকালে উঠিব সেই সকলক লৈ আমি 'মেক্লোডগঞ্জ''মনেষ্ট্রি' চাই আহিম ৷ যিসকল উঠিব নোৱাৰে সেইসকল 'হোটেল'তে থাকিব ৷ পুৱতি নিশাতে মই গা-পা ধুই প্রস্তুত হ'বলৈ লওঁতে দেখিলো এজন এজনকৈ আটাইকেইজন সদস্য যাবলৈ প্রস্তুত হৈছে ৷ আনকি আটাইতকৈ বয়োজ্যেষ্ঠ মোৰ শহুৰ দেউতা আৰু মোৰ নিজৰ দেউতাও প্রস্তুত হৈ পৰিল ৷

            আমি প্রথমতে গ'লোঁ Bhagsu Waterfall চাবলৈ ৷ এই নিজৰাৰ পানী বাগৰি অহা ধ্বনিত সঙ্গীতৰ এক মধুৰ তৰঙ্গ বাজি উঠে ৷ অৱশ্যে আমি যোৱাৰ সময়ত নিজৰাৰ পানীৰ ধাৰা কম আছিল ৷ নিজৰাৰ নিচেই কাষত 'ভাগ্সু' নামৰ এটি শিৱ মন্দিৰ আছে ৷ পুৰণি তথ্যমতে এই নিজৰাৰ পানীক লৈ নাগদেৱতাৰ সৈতে ৰজা ভাগ্সুৰ যুদ্ধ হৈছিল ৷ সেই যুদ্ধত ৰজা হাৰিল যদিও নাগদেৱতাই ৰজাক ক্ষমা কৰি ৰাজ্য ঘূৰাই দিলে ৷ তেতিয়া ৰজাই এই ঠাইত মন্দিৰটো সজায় ৷ এই নিজৰাৰ পানী বৰ মিঠা ৷

        McLeod Ganj ৰ কাষত ১৮৫২ চনত গভর্ণৰ জেনেৰেল লর্ড এলগিনে বৰ সুন্দৰ এটি গীর্জাঘৰ সজাইছিল ৷ সময়ৰ অভাৱত আমি গীর্জাঘৰটো চাবলৈ যাব নোৱাৰিলোঁ ৷

          McLeod Ganj হিমাচল প্রদেশৰ 'কাংগ্রা' জিলাৰ 'ধর্মশালা' নামৰ ঠাইৰ নিচেই কাষত থকা এক 'হিল ষ্টেচন' ৷ তিব্বতী লোকৰ বর্দ্ধিত জনবসতিৰ বাবে ইয়াক Little Lhasa অথবা Dhasa বুলিও জনা যায় ৷ 'মেক্লোডগঞ্জ'ৰ এই পাহাৰত তীর্ব্বতৰ বৌদ্ধ ধর্ম্মাৱলম্বী লোকৰ বিখ্যাত 'মনেষ্ট্রিআছে ৷ ইয়াতে বুদ্ধ ধর্ম্মৰ চতুর্দশ গুৰু দালাই লামা আৰু তেওঁৰ অনুগামীসকলে শৰণাপন্ন হোৱা বাবে এই ঠাইডোখৰ পৃথিৱী বিখ্যাত হৈ পৰিল ৷ তিব্বতী লোকসকলৰ বাবে ই এক অন্যতম পৱিত্র স্থান ৷ ইয়াত Tibet Museum , Namgyal Gompa আৰু Tsuglag Khang নামৰ মন্দিৰ আছে ৷ চাৰিওফালৰ পৰা শৃঙ্খলাৱদ্ধ হৈ বহি থকা লামাসকলৰ প্রার্থনাৰ ধ্বনিয়ে 'মনেষ্ট্রি'ৰ পৰিৱেশ ভক্তিময় কৰি তুলিলে ৷ প্রার্থনাৰ স্বৰৰ ধ্বনি গুঞ্জৰিত হৈ থকা সত্বেও ; 'মনেষ্ট্রি' দর্শন কৰিবলৈ অহা বহু লোকৰ সমাগম হোৱা সত্বেও 'মনেষ্ট্রি'ৰ ভিতৰত এক অতুলনীয় প্রশান্তি বিৰাজমান হৈ আছে ৷ এইখিনিতে এটা কথা মনত পৰিল ৷ মই ২০০৩ চনত দিল্লীত  চাকৰিত বাহাল হ'বলৈ আহি দুবছৰ কাল মন্দিৰ মার্গৰ Swati Working Girl's Hostel ত আছিলোঁ ৷ 'হোষ্টেল'টোৰ এফালে আছে মন্দিৰৰ টিলিঙাৰ শব্দ আৰু সৰহ সংখ্যক বঙালী দর্শনার্থীৰে ৰজনজনাই থকা কালি বাড়ী ৷ আনফালে আছে দেশৰ বিভিন্ন স্থানৰ পৰা অহা দর্শনার্থীৰে ঠাহ্ খাই ভৰি থকা বিৰলা মন্দিৰ ৷ এই বিৰলা মন্দিৰ আৰু আমাৰ 'হোষ্টেল'ৰ ঠিক মাজৰ অংশত বুদ্ধ ধর্ম্মৰ এটি মঠ আছে ৷ তাৰ ভিতৰত প্রৱেশ কৰাৰ লগে লগে অনেক দর্শনার্থী থকা সত্বেও হঠাতে যেন পৃথিৱীখন 'কাঁহ পৰি জীণ যোৱা যেন' লাগে ৷ গতিকে 'মনেষ্ট্রি' বা বৌদ্ধ মঠ বুলিলে  প্রশান্তিৰ স্থান যেন অনুভৱ হয় ৷

  'মনেষ্ট্রি'ৰ পৰা নামি আহি আমি 'ধর্মশালা''ষ্টেডিয়াম' চাবলৈ গ'লো ৷ এই 'ষ্টেডিয়াম'খনো বৰ ডাঙৰ আৰু ধুনীয়া ৷ 'ষ্টেডিয়াম'ৰ চকীবোৰত বহিলে সন্মুখৰ পাহাৰৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায় ৷ ক্রিকেট খেল খেলি ভাল পোৱা মোৰ পুত্রৰ বৰ হেঁপাহ আছিল এই 'ষ্টেডিয়াম'খন চোৱাৰ ৷ তাৰ হেঁপাহ পলুৱাই আৰু মোৰ ভ্রমণ বলিয়ালিৰ ভাৱবোৰ ক্ষান্ত কৰি এইবাৰ আমি দিল্লী অভিমুখে ৰাওনা হ'লো ৷

সুদীর্ঘ বাটচোৱাৰ মাজতে 'বগলা মুখী' নামৰ বহু পুৰণি মন্দিৰ এটা চকুত পৰাত গাড়ীখন 'পার্ক' কৰি তাতো পাক এটা মাৰিলোঁ ৷ তাৰ পাছত সম্পূর্ণ ছদিনৰ মূৰত দুপৰ নিশা ঘৰ আহি সোমাই আমি আমাৰ যাত্রাৰ সাময়িক পৰিসমাপ্তিৰ ঘোষণা কৰিলোঁ ৷

শর্মীষ্ঠা বর্মন, নতুন দিল্লী



পৃষ্ঠা ৩৫

নীলাখামৰ চিঠি ঃ

 প্ৰতি
মৰমৰ
                     
                    তোমাৰ সৈনিক প্ৰিয়তমে দূৰণিৰ পৰা পঠিওৱা মৰমবোৰ গ্ৰহণ কৰিবা। বহুত দিনেই হ'ল তোমাৰ চিঠিখন পোৱা। নেৰা-নেপেৰা ডিউটিৰ বাবে সময় ওলিয়াব নোৱাৰি লিখোঁ বুলিও তোমালৈ লিখিব পৰা নাই নীলৰঙী আখৰৰ পুঞ্জত বুকুৰ কথাবোৰ। ভালে আছা নিশ্চয়। ভগৱানে মোৰ কলিজা দুটিক কুশলে ৰাখক । এইয়ে প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত প্ৰতিটো পলে অণুপলে। ময়ো ভালেই আছো চিন্তা নকৰিবা।
               জীৱনৰ লক্ষ্য নিদ্ধাৰণ কৰি যিদিনা সৈনিকত ভৰ্তি হ'লো। সিদিনা সঁচাকৈ বৰ আনন্দিত হৈছিলো। অৱশ্যে আজিও আনন্দ মনেই ডিউটি কৰোঁ। ডিউটিৰ বোজাই মোক ভাগৰাব নোৱাৰে। কিন্তু ভাগৰি পৰোঁ তোমাৰ কথা ভাবি, মোৰ কলিজা দুটিৰ কথা ভাবি। পিতৃৰ স্নেহৰ পৰা বঞ্চিত প্ৰিঞ্চ আৰু স্বামীৰ সংগৰ পৰা বঞ্চিত তোমাৰ কথা ভাবিলে বৰ ভাগৰুৱা হৈ পৰোঁ। কি যে জীৱন সৈনিকৰ পৰিয়ালৰ ! 
                তোমাৰ চিঠিবোৰ সময় পালেই পঢ়ো। দূৰণিৰ মৰমে হৃদয় নভৰিলেও তাতেই  তুস্ত হৈ মনক শান্তনা দিওঁ। তুমিও চাগে একেদৰেই কটাইছা এঙেৰুৱা সময়ৰ প্ৰতিটো পল অণুপল। 
              অ' ক'বলে পাহৰিছিলোৱে এপ্ৰিলৰ দহ তাৰিখে চুটী যাম বুলি চিনিয়ৰক জনাইছো। চুটী পাব লাগে। চুটী পালে বিহুৰ দিনকেইটা তোমালোকৰ লগতে কটাম। এইবাৰ সাহিত্য তথা সামাজিক কামবোৰ অলপ আঁতৰাই থম বাৰু। বাক্যশাৰী পঢ়ি নেহাঁহিবা আনবাৰৰ দৰে মিছাকৈ কোৱা নাই সঁচাকৈয়ে কৈছো।
                  বাৰু আজিলৈ থওঁ দেই ডিউটিৰ সময় হৈছে। এপ্ৰিললে আৰু বেছি দিন নাই বাকী কথাবোৰ কাষত গৈয়ে পাতিম। কুশলে থাকিবা। চিঠিৰ উত্তৰ চুটীত গ'লে ঘৰতে দিবা।
             

                  ইতি
             তোমাৰ মৰমৰ

বিষাদ ৰঞ্জন বৰবৰা


পৃষ্ঠা ৩৬

কেনে আছা নীলা 

আজি বহু দিনৰ মূৰত তোমালৈ এখন চিঠি লিখিবলৈ লৈছো  নীলা । নাজানো চিঠি খন লিখা সম্পূৰ্ণ হয়নে নহয় । আজিকালিতো তুমি বহুত ব্যস্ত । মোৰ খবৰ লবলৈতো তোমাৰ আজৰিয়ে নাই , চিঠিখন পঢ়িবলৈ জানো সময় হ'ব ? তথাপিও আশা এটা বুকুত বান্ধি চিঠি খন লিখিছো। নীলা, সময়বোৰ বৰ নিষ্ঠুৰ অ' চোৱাচোন কেনেকৈ আমাক আমাৰ পৰা তুমি , মই কৰি পেলালে । নাজানো সেইয়া কাৰ ভুল আছিল তোমাৰ নে মোৰ ? কিয় বাৰু এনে হ'ল ? কিয় বাৰু ভাগি গ'ল আমাৰ ৰামধেনু বৰণীয়া সেই সপোনবোৰ ।  তুমি চাগৈ এতিয়া বহু সুখী ন !  মইহে নোৱাৰিলো সুখী হ'ব, আৰু হয়তো নোৱোৰিমো । তোমাৰ সৈতে কটোৱা অতীতৰ সেই সময়বোৰে আজি কালি মোক বৰকৈ আমনি কৰে জানা । বাৰে বাৰে তোমাক পাহৰিব খুজিও পাহৰিব নোৱাৰো । তোমাক পাহৰিবলৈ মই আজি কালি বিলাতী পানীও খাও জানা তথাপিও কিয় জানো তোমাক পাহৰিব নোৱাৰো । তুমি বাৰু কিয় এনেকুৱা কৰিলা । কি ভুল আছিল মোৰ ? কি দিয়া নাছিলো তোমাক ? কি নাছিল  মোৰ ? তথাপিও তুমি কিয় প্ৰতাৰণা কৰিলা মোক ? এতিয়া চাগৈ তুমি বহুত সুখী ন ? নীলা তোমাৰ বাৰু অতীতৰ কথা বোৰলৈ এবাৰো মনত নপৰেনে ? এদিন যে আমি দুয়ো আকাশখনলৈ চাই চাই আকাশৰ তৰা গনিছিলো। জোনবাই দেশত ঘৰ সজাৰ সপোন দেখিছিলো  । সেই কথাবোৰে মোক আজি কালি বৰকৈ আমনি কৰে জানা । যিয়ে নহওক দিয়া যি হ'ল হয়তো ভালেই হ'ল । তুমি এতিয়া নিজৰ মাজতে সুখী ! কিন্তু মই..... । তুমি সুখী হোৱা নীলা । তুমি সুখত থাকা । নীলা মোৰ চিঠিখন হয়তো আজিও সম্পূৰ্ণ নহ'ব ...
              লিখিবলৈ বহুত আছিল পিছে তুমি পঢ়ি চাগে আমনি পাবা গতিকে থাকক দিয়া। মোৰ কথাবোৰ মোৰ অলিণ্ডতে ঘূৰি ফুৰক ঠেকা খাই খাই। শেষত তোমাৰ কুশল কামনাৰে আজিলৈ ৰাখিছো।

পবিত্ৰ গায়ন
মাজুলী


পৃষ্ঠা ৩৭

গল্পঃ

আশা

ৰাজনীতি হৈছে !
কথাষাৰৰ অৰ্থ সি ঠিক বুজিব পৰা নাই। অথনি মানৱক সোধোতে তহঁতি এইবোৰ কথা নুবুজিলেও হ‘ব বুলিহে ক’লে। ওচৰতে শুই থকা দদাইটিক কথাষাৰ সুধিবলৈ লৈও সি ৰৈ গ’ল। টোপনি গৈ থকা মুখখন দেখি মেলা হাতখন পুনৰ কোচাই আনিলে। সি জানে শুই থকা সময়ত জগালে দদায়েকে খুউব বেয়া পায় আৰু অত বছৰে দদায়েকে বেয়া পোৱা এটা কামো সি কৰা নাই। শুবলৈ সি চেষ্টা কৰে। ম’হ কেইটাই কাণতে গুণগুণাই থকাত গামোচা খনেৰে দুচাতমান মাৰি দিয়ে। ওচৰতে কোনোবাই কথা পাতি থকা যেন পাই কাণ ওনাই শুনিবলৈ এপাকত চেষ্টাও কৰে। বাৰাণ্ডা খনটো কোনোবাই অহা যোৱা কৰি আছে। চেণ্ডেলৰ শব্দ। মানৱহঁত হ’বলা। কথাষাৰ সুধিয়ে আহোঁ বুলি এবাৰ সি উঠি যাব খোজে। কিবা ভাবি আকৌ থমকি ৰয়।এইবাৰ সি দদাযেক টোপনি গ’ল নে গম ল’বলৈ যত্ন কৰে। এনেতে তেওঁক অলপ লৰচৰ কৰা যেন পায়। সিও দোষী দোষী ভাৱেৰে  হাতখন নি দদায়েকৰ গাত লগাই দিয়ে।
”তই হ’বলা শুৱাই নাই ! অতদূৰ খোজ কাঢ়ি আহিছ, ভাগৰ লগা নাই জানো ?”
”দাইটি ,সেইবোৰ থচোন। তই কিবা কথাবোৰ জাননে ? কিবা হেনো ৰাজনীতি হৈছে।“
”থ থ। এইবোৰ কথা হ’বলা আকৌ তোৰ মূৰত সোমাল। হেৰৌ, সিহঁতকেইটা  আমাৰ গাঁৱৰে ল’ৰা। সিহঁতে আক’ আমাক কি বেয়াটো কৰিব।ইমানগাল মানুহে আহি আমাৰ খা-খবৰ লৈছে, বস্তু-বাহানি দিছে, দেখা নাই তই ! শুই থাক, শুই থাক । মোৰ হ’লে বৰকৈ টোপনি ধৰিছে।‘’
তাৰমানে দদায়েকে কথাবোৰ একো ভূকে পোৱা নাই। ভৱেশে লাহেকৈ দদায়েকৰ মুখ খনলৈ চালে। ধিমিক-ধামাক কৈ জ্বলি থকা লাইটৰ পোহৰত মুখখন ভালকৈ মনিবকে নোৱাৰি।হ’লেও সি অনুমান কৰিলে। আশী নব্বৈ বছৰ মান হ’ব। এই হেন বয়সত এনেকৈ থাকিব লগাটো কম কষ্টৰ কথানে ? সি জানে ,ভালকৈ বুজিও পায়। দদায়েকে খুউব কষ্ট পাইছে।ঘৰখনত নিয়মৰ হীনদেঢ়ি হ’বলৈ নিদিয়া দদায়েক জনে বোৱাৰীয়েক হঁতৰ লগত একেটা ৰূমতে থাকিব লগা হৈছে আৰু বা কি দিন দেখিবলৈ আছে। সি ভাবিবলৈ এৰে।

বাহিৰত কেচুঁৱাৰ কান্দোন। কোনোবা বোৱাৰীৰ মাত সেইয়া। সুললিত কণ্ঠেৰে নিচুকনী গীত গাই আছে। তেতিয়াহে তাৰ মালতীলৈ মনত পৰিল।অথনি সি মালতীৰ খবৰ ল’বলৈকে গৈছিল।সোমাবলে নিদিলে। ওচৰলৈ গ’লে হেনো তাৰ গালৈকো বেমাৰটো বিয়পিব। সি ভাবি নাপায়।হঠাতে কি এনেকোৱা বেমাৰ আহি গোটেইখন বন্ধ কৰি পেলালে। এবাৰ পজিটিভ, এবাৰ আকৌ নিগেটিভ বোলে। সি শব্দকেইটা আনৰ মুখত শুনি শুনি হে গম পাইছে। অৰ্থ হ’লে নাজানে। তাতে সি গাঁৱৰে মদনক লগ পালে। সি হেনো কিছুদিনৰ পৰা সেইখন হস্পিতেলতে কাম কৰে। 

‘’জুইকুৰা নোমাব হেনো মদন। মালতী পেহীক খবৰটো দিবি আৰু ভালকৈয়ে থাকিব ক’বি। মই ভালে আছোঁ, কৈ দিবি সেইজনীক “

এইসময়ত মালতীৰ মুখখনে তাক বৰকৈ আমনি কৰিছে। খবৰটো পাই তাইৰ চাগে বৰ ৰং। যি জনী হে। ওচৰৰ মানুহবোৰক চাগে চিঞৰি চিঞৰি খবৰটো দিছে। মনতে তাৰ হাঁহিও উঠিল। হওক দে। তাইৰ সুখতে তাৰো সুখ।এইজনী মানুহে ঘৰখন ধৰিবলৈ কমখন কষ্ট কৰা নাই। একো এটা নথকা মানুহটোলৈ কি সাহসত তাই বিয়া হৈ আহিছিল, সি আজিও নাজানে।

ছোৱালীজনীয়ে কালি খবৰটো দিছে। তাইক হেনো মোবাইল এটা লাগে, বাকী সকলো ঠিকেই আছে। মোবাইটো কি বুলি কৈছিল, তাৰ মনত নাই। কিবা হেনো মোবাইলতে ক্লাছবোৰ হৈছে।মাহিয়েকে মোবাইটো দিছে যদিও ভনীয়েকৰো ক্লাছ হোৱাৰ বাবে  অসুবিধা হৈছে। মাকৰ খবৰটো তাইক দিয়া নাই। সিয়ে যি কৰে কৰিব।

ৰাতিপুৱাই সি ভনীয়েকৰ ঘৰলৈকে যাব । দুখন গাওঁ পাৰ হৈয়ে ৰতনপুৰত তাইৰ ঘৰ। জুই জ্বলা দিনাই গৰু ছাগলী, হাঁহ কুকুৰা যি কেইটা আছিল, তাইৰ ঘৰতে থৈ আহিল। তাৰ পাছত সি আৰু খবৰ ল’বলৈ আহৰি পোৱা নাই।সেইকেইটাতে মালতীৰ প্ৰাণটো বাচি আছে। তাৰ পৰাই কিবা এটা বেচি মাজনীলৈ দুটকামান পঠিয়াব লাগিব। যি হওক তাইক সি তাহাঁতৰ দৰে বনাব নোৱাৰে। বাকী থকা খিনি সি সাঁচি ৰাখিব। ইয়াৰ পৰা ঘৰলৈ গ’লে  নতুনকৈ আকৌ  দুটা ৰুম বনাব লাগিব। এইবাৰ সি মালতীৰ বাবে বাৰাণ্ডা এখনো সাজি দিব। বিয়াৰ পাছত কষ্টৰ বাদে তাইকনো সি কি দাল দিছে । 

 পইচাবিহীন জীৱনটোৰ যন্ত্ৰণা সি বাৰুকৈয়ে বুজিব পাৰিছে। এইবোৰ কথা ভাবিয়ে অথনি সি গাড়ীখনত নুঠিল। দদায়েকক গাড়ী নাপালোঁ বুলি মিছাতে ক’লে। ডুমডুমালৈকে এশ টকা ভাড়া ! খংটো উঠিয়ে আহিছিল তাৰ, ভাড়াটো শুনি। কিন্তু মালতীৰ ওচৰত সোনকালে পাব লাগে বুলিয়ে কাজিয়াখন নালাগিল। এইসময়ত তাৰ হাতৰ মুঠিটো  ক্ৰমে যেন টান হৈ আহিল।

হঠাতে কুকুৰাৰ ডাক শুনা পাই  দদায়েকক মাতষাৰ দি সি বাহিৰলৈ ওলাই আহিল।কেতিয়ানো টোপনি গৈছিল ধৰিবকে নোৱাৰিলে।তেতিয়ালৈকে বাকীবোৰ উঠা নাই। ৰাস্তাত হাল লৈ পথাৰলৈ ওলাই যোৱা দুই এজন লোক মাত্ৰ।তাৰো দুকঠা পথাৰ মাটি আছে, মনত পৰিল।এতিয়া সেইবোৰত হেনো গোটেই তেলৰ বিৰিঙিনি। সেইদিনা ৰমেনহঁতক কথা পাতি থকাহে শুনিছিল সি। নিজে হ’লে চাবলৈ যোৱা নাই।

যি হয় হ’ব। পৰিস্থিতিৰ মুখামুখি হ’বলৈ এনেও সি সৰুৰেপৰা শিকিছে। মাক দেউতাক কোন আছিল আজিলৈকে নাজানিলেই সি। দদায়েকে ৰাখিলে বুলিহে। শূন্যৰ পৰাই আৰম্ভ কৰিছিল ,আকৌ শূন্যৰপৰাই আৰম্ভ কৰিব। দীঘলকৈ উশাহ এটা টানি বিহু গীত এটি গুনগুনাই এটি নতুন আশাৰে সি খোজ আগবঢ়ালে। তাৰ প্ৰিয় বৰষুণ জাকো সেই সময়ত তাৰ সহযাত্ৰী হৈ ওলাল ।


প্ৰিঞ্চীপ্ৰিয়া বৰুৱা
তিনিচুকীয়া 


পৃষ্ঠা ৩৮
মুখা

শ্ৰী প্ৰবীণ বৰা
গাটিয়ালা, মাজুলী
     
কলেজৰ পৰা ওলায়েই চিগাৰেট এটা জ্বলাই ললোঁ । কাষেদি পাৰ হৈ যোৱা ছাত্ৰ কেইজন মানে মোলৈ কেৰাঢ়িকৈ চাই গ'ল যদিও মই চিগাৰেটটো পেলাই নিদিলো । কাৰণ মই এতিয়া কলেজৰ বাহিৰত । তাতে চিগাৰেট খোৱাটো  মোৰ পুৰণি অভ্যাস ।
  চিগাৰেটটো শেষ কৰি আলিবাটটো পাৰ হ'ব খোজোঁঁতেই কোনোবাই মোক পাছফালৰ পৰা নাম কাঢ়ি মতা যেন শুনা পাই ঘূৰি চালো ।
: পলাশ দা এই ফালে  আহকচোন । ভাস্কৰে মাতিলে মোক ।
 ইফালে সিফালে ঘূৰি চালো যে ভাস্কৰে দাদা বুলি মতাটো কোনোবাই  শুনিছেনেকি । এই কমলাবাৰী চাৰিআলিত মোৰ এটা সন্মান আছে । মাজুলী কলেজত চাকৰি কৰা আজি প্ৰায় ১০ বছৰে হ'ল এতিয়ালৈকে ইয়াৰ বাদে কোনেও মোক দাদা বুলি নামতে । সেই বাবে কেতিয়াবা ইয়াক দেখিলেও নেদেখৰ ভাও জোৰো কাৰণ এজন অধ্যাপক হিচাপে মোক চাৰ বুলিলেহে মই গৌৰৱান্বিত হওঁঁ ।
 উপায়ন্তৰ হৈ মই ভাস্কৰ ফালে আগবাঢ়িলো ।
: ক'চোন   কি হ'ল ?
: আহকচোন হোটেললৈ বহুত ডাঙৰ কথা এটা আছে ।
 মই সোমাই গৈ বহি পৰিলোঁ চকীখনত । হোটেলত মানুহ প্ৰায় নায়েই চুকত টেবুলখনত এহাল ল'ৰা ছোৱালী বহি আছিল যদিও মই যোৱা দেখি উঠি আহিল । মোৰ সন্মুখৰ চকী খনত বহি পৰিল ভাস্কৰ ।
ভাস্কৰ মানে এই মধুমিতা হোটেলত কাম কৰা মিচিং ল'ৰাটো । সৰুতে আমাৰ ঘৰটো কাম কৰিছিল ।পঢ়া শুনা বুলিবলৈ ষষ্ঠ নে সপ্তম শ্ৰেণী লৈকে পঢ়িছিল । বয়সত মোতকৈ ১৫ বছৰ মান সৰু । সেই আমাৰ ঘৰত থকা দিনৰ পৰাই মই তাৰ লগত এটা দূৰত্ব বজাই ৰাখিছিলো । কাৰণ সি এটা কাম কৰা ল'ৰা । 
: মই এটা সমস্যাত পৰিছো-- ভাস্কৰে আৰম্ভ কৰিলে ।
' সমস্যা ' মনটে ভাবিলো কিহৰ সমস্যা ! ই কিবা পইচা পাতি বিচাৰিব খোজা নাইতো ! আৰু বিচাৰিলেও ইয়াক দিলে মোৰ কি লাভ হ'ব ! মনত বিভিন্ন প্ৰশ্ন আহি দোলা দিলেহি । তথাপি মনৰ ভাৱ লুকুৱাই তাক সুধিলো 
: সমস্যা !! তোৰ আকৌ কিহৰ সমস্যা ।
: সমস্যা ডাঙৰ দাদা মানে মই বিয়া কৰাব খোজোঁ ।
মই ঠিক বুজিলো যে ই বিয়াৰ বাবে মোৰ পৰা পইচা বিচাৰিব ।এই সৰু মানুহ বোৰ এনেকুৱাই ।তথাপি কলো তাক বিয়া পতাত আকৌ কিহৰ সমস্যা ।পাতিব খুজিছ ভাল কথা বয়স থাকোতে বিয়া পাতিব লগে ।
: মই জানো আপুনি জনা বুজা শিক্ষিত আৰু ভাল মানুহ গতিকে আপুনি মোক এটা উপায় দিব ।মানে মই যি জনী ছোৱালী বিয়া কৰাব খুজিছোঁ তাইৰ মাক দেউতাক কোনো নাই। তাতোতকৈ ডাঙৰ কথাটো হ'ল তাই ইছলাম ধৰ্মী ।
   মনতে ভাবিলো তোৰ দৰে এটাই ইয়াতকৈ কি ভাল ছোৱালী পাবি । তথাপিও সন্মানৰ ক্ষেত্ৰত মই তাক সুধিলোঁ : পিছে তেনে এজনী ছোৱালী তই লগ পালি ক'ত।
: এইবাৰ দুৰ্গা পূজাত মই নগাঁৱলৈ যাওঁতে লগ পালোঁ । তাইও লগৰ কাৰোবাৰ লগত পূজালৈ আহিছিল ।ভাল লগাত চিনাকি হলো মই ।সৰুৰে পৰা গুৱাহাটীৰ কোনোবা অনাথ আশ্ৰমত থাকি ডাঙৰ হৈছে তাই ।
: তই আৰু ছোৱালী নেপালি কৰ মুছলিম ---- কথাষাৰ শেষ কৰিব নাপাওঁ তেই সি আকৌ আৰম্ভ কৰিলে 
: চিনাকি হলো; অলপ দিন পাছত হে জনিলো তাইৰ গোপন কথাবোৰ। কথাবোৰ জানি মই বেছি দুৰ্বল হৈ হে যেন পৰিলোঁ তাইৰ প্ৰতি । সেয়ে ভাবিছোঁ তাইক একেবাৰে নিজৰ কৰি পেলাওঁ । মোৰ সিদ্ধান্তটো কেনে হৈছে ক'ব ।কাৰণ আমাৰ দৰে সৰু মানুহবোৰে ডাঙৰ আৰু ভাল কথাবোৰ চিন্তা কৰিব নোৱাৰোঁ সেয়ে আপোনাক সুধিলো । 
: বাৰু দুদিন মান সময় দে মই ভাবি চিন্তি কম তোক ।
: হ'ব দাদা ।
উঠি আহিলোঁ তাৰ পৰা ।মনতে ভাবিলো কৰ যে কি মানুহ লগ পাওঁঁ মই ।

কলেজৰ পৰা ঘৰলৈ বেছি দূৰ নহয় যদিও মই ৰোম এটা ভাঢ়া লৈ থাকোঁ। কাৰণ ঘৰলৈ সদাই অহা যোৱা কৰাটো কষ্টকৰ ।তাতে ইয়াত থাকিলে কিছু সুবিধা হয় মোৰ ।অবশ্যে বেলেগে নাজানে সেইবোৰ ।
 মোৰ ৰোমলৈ প্ৰায়ে পৰিণীতা আহে । এসময়ত মোৰ ছাত্ৰী আৰু তাৰ পাছত অলপ দিন আগলৈকে মোৰ প্ৰেমীকা । বৰ্তমান একো নহয় ।কাৰণ প্ৰতিটো কাম কৰোঁতে মই খুব চিন্তা কৰি কৰোঁ যাতে ভবিষ্যতে কোনো অসুবিধা নহয় । 
পৰিণীতা ঘৰৰ অৱস্থা ভাল নাছিল ।কিন্তু পঢ়া শুনাত ভাল আছিল । সেয়ে মই তাইক সহায় কৰিছিলোঁ মাজে মাজে ।তাই মোক লগ কৰিছিল ৰোমলৈ আহি ।কেতিয়াবা কলেজৰ পৰাই লৈ আহিছিলো দৰকাৰী কাম থাকিলে ।
অবশ্যে মোক তাই সমীহ কৰিছিল কিন্তু বিভিন্ন কথাৰে মই তাইক মোৰ প্ৰেমত পেলাইছিলো ,সপোন দেখুৱাই ছিলোঁ উদ্দেশ্য তাইৰ দেহাটো ।কাৰণ তাইৰ দেহৰ উষ্ণতাত  মই জ্বলি পুৰি গৈছিলো । এনেদৰে মই বেছি দিন ৰব লগা নহ'ল কাৰণ এনেবোৰ কামৰ অভিজ্ঞতা মোৰ বহু দিনীয়া। 
আমাৰ মাজত সকলো সম্পৰ্কই হ'ল মানে দৈহিক ।অবশ্যে তাই মোক লৈ সপোন দেখিছিল সঁচাকৈ সেইয়ে কেতিয়াবা কৈছিল মোক : সঁচা প্ৰেমত দৈহিক মিলনৰ বাসনা নাথাকে । 
পিছে প্ৰত্যুত্বৰ দিছিলোঁ মই : তোমাৰ কথাষাৰ সঁচা পৰি কিন্তু মনত ৰাখিবা স্পৰ্শইহে মৰম বঢ়াই । মোৰ কথাত জোৰ দিব পৰা নাছিল তাই ।পৰিণতিত সকলো আদায় কৰিছিলোঁ মই ।এতিয়া তাই ডক্টৰেট কৰিবলৈ ডিব্ৰুগ়লৈ গ'ল । মই আৰু তাইৰ লগত সম্পৰ্ক ৰখা নাই।  কাৰণ এনেকুৱা প্ৰেমিকাৰ অভাৱ নাই মোৰ । 
এইবোৰ কথা ৰোমৰ ওচৰৰ মানুহে নাজানে । কাৰণ তেওঁলোকৰ দৃষ্টিত মই বহুত ভাল মানুহ। অবশ্যে মই সঁচাই ভাল মানুহেই ।

ৰাতি বহু দেৰিলৈকে টোপনি যোৱা নাছিলো বাবেই হয়তো শুই উঠোতে আঠ মানেই বাজিল । ফটাফত উঠি দাত কেইটা ব্ৰাছ কৰি কলেজলৈহে ওলালো । কাৰণ ডিগ্ৰী ফ্ৰাষ্ট ছেমিষ্টাৰৰ প্ৰথম ক্লাছটো মোৰ আছে । বাতৰি কাকতখন কলেজৰ পৰা আহিয়েই চাম বুলি টেবুলখনলৈ দলিয়াই কলেজৰ ফালে খোজ ললো।
কমলাবাৰী চাৰিআলি পাইহে অনুভব কৰিলোঁ কিবা এটা গণ্ডগোল হোৱা বুলি । কাৰণ মানুহ কেইজনমান গোট খাই কিবা অলপ ডাঙৰ ডাঙৰকৈ আলোচনা কৰা যেন উমান পালোঁ ।
 সেইবোৰক আওকাণ কৰি যাব খোজোঁটেই ভাস্কৰ ওলালহি সন্মুখত  । তালৈ চাই দেখিলোঁ তাৰ মুখৰ ৰং একেবাৰে শেঁতা পৰা ।
: দাদা আপোনালৈহে ৰৈ আছিলোঁ । মই এতিয়াই গুৱাহাটী লৈ যাব লাগে । 
: গুৱাহাটী যাব লাগে ! কিন্তু কিয় ? 
:সেইবোৰ বহুত কথা আজি বাতৰি কাকত চাইছিলেনে ! 
: নাই আজি মোৰ শুই উঠা দেৰি হ'ল।
: তাইক কোনোবাই সৰ্বনাশ কৰিলে ।
: তাইক মানে ?
: অ' সেই যে কালি আপোনাক কৈছিলো মই বিয়া পাতিব খোজা ছোৱালী জনী তাইক কোনোবাই .... কথাষাৰ কৈ সি ৰৈ গ'ল যদিও মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে তাই কাৰোবাৰ হাতত ধৰ্ষিতা হৈছে । ভাস্কৰে হুক হুকাই কন্দিছিল । মোৰ পৰিস্থিতিতো অসহজ যেন লাগিছিল তথাপিও কলোঁ মই 
: পিছে তইনো গৈ তাত কি কৰিবি 
: তাইৰ নিজৰ বুলিবলৈ মইয়েই । তাই বোলে এতিয়া গুৱাহাটী মেডিকেল কলেজত আছে ।তাই নকলেও মই নিজেই অনুভব কৰিছোঁ এনেসময়ত তাইক মোৰ দৰকাৰ । কাৰণ হতাশাত ভোগা ছোৱালীজনীক এতিয়া সাহসৰ দৰকাৰ । কিন্তু -- ৰৈ গ'ল সি ।
: কিন্তু কি ? 
:মোৰ হাতত পইচা অলপ কম আছে । অহা যোৱা খৰছটো হ'ব কিন্তু মানুহটো গৈ তাত দৰব চৰৱ অলপ কিনি দিলেহে মনটো ভাল লাগিব । আপুনি যদি টকা দূহেজাৰ মান দিয়ে ।
উপায়ন্তৰ হৈ পৰিলোঁ । কি উত্তৰ দিম । কাৰণ পইচা দিলেও ঘূৰাই যে পাম তাৰ আশা নাই । তেনেকৈ ভাবি থাকোতেই বিহাৰী বাবুয়ে মাত লগালে ।
: দিয়ক চাৰ যি পাৰে আমিও দিছোঁ বেছেৰাটো বহু বিপদত পৰিছে ।
এইবাৰ আৰু বিশেষ চিন্তা কৰি নাথাকিলো । কাৰণ সন্মানৰ কথা আহি পৰিল । তাতে মানুহৰ আগত ইয়াক টকা দিব পাৰিলে মোৰ নাম এটাও থাকিব । জেপৰ পৰা টকা দুহেজাৰ উলিয়াই তাক কলো 
: হো ল' কিন্তু কি কৰিব ওলাইছ ভাবি চাবি ।
: মই ভাবি চিন্তিয়েই ওলাইছো তাইক এই সময়ত মোৰ বহুত প্ৰয়োজন ।
 তাৰ কথা লৈ গুৰুত্ব নিদি মই কলেজৰ ফালে খোজ ললো । কাৰণ কলেজলৈ ওলাই অহা আজি দেৰি হৈছিল ।

কলেজৰ পৰা আহি ফণীন্দ্ৰকুমাৰ দেৱ চৌধুৰীৰ উপন্যাস ' অনুৰাধাৰ  দেশ ' মেলি লালো । প্ৰেমৰ সম্পৰ্কত বহুত কথা আছে তাত । ক'ব নোৱাৰাকৈয়ে মনটো ভাস্কৰ মাজত কেতিয়া সোমাল গৈ গমেই নাপালোঁ ।
 আজি তিনিমাহ  মান হ'ল তাৰ দেখা দেখি নাই । গুৱাহাটীলৈ যোৱাৰ পৰা তাক দেখা নাই । মাজতে এবাৰ আহিছিল বুলি হোটেলৰ মালিকজনে কৈছিল যদিও মই লগ পোৱা নাছিলো । মই ভাবিলো সি চাগে তাৰ প্ৰেমিকাৰ ওচৰ পাই ভাগি পৰিল । ভাগি পৰিবই কাৰণ কোনো জ্ঞান থকা মানুহে ধৰ্ষণৰ বলি হোৱা ছোৱালীক ভাল পাব নোৱাৰে । কথাবোৰ ভাবি থাকোতেই বাহিৰৰ পৰা দিয়া টেটুফলা চিঞৰত স্তম্ভিত ঘূৰাই পালোঁ । কোন আহিব পাৰে এই আবেলি খন  মনতে ভাবিলো যদিও দুৱাৰ খন খুলি দিলোঁ। দেখিলোঁ ভাস্কৰ ।
তাক দেখি মই আচৰিত হ'লো । মানুহটো দাৰি চুলিৰে পোত খাই পৰিছে । 
: কি হ'ল , কৰ পৰা , ? 
: গুৱাহাটীৰ পৰা বাহিৰে বাহিৰে আপোনাৰ ওচৰলৈ কে আহিছোঁ ।
: মোৰ ওচৰলৈ মানে 
: দাদা মই জেছ্মিনক বিয়া কৰাব খোজোঁ । বিয়াৰ দিন ঠিক হৈছে । এতিয়া আপোনালোকক খবৰ দিবলৈহে আহিছোঁ 
 সি কিবা কৈ আছিল যদিও মোৰ কাণত নুসুমাল । মই ভাবিলো ই সঁচাই পাগল হ'ল । নিজে নজনকৈয়ে আপুনা আপুনি ওলাই আহিল মুখৰ পৰা : তই সুখী হ'ব পাৰিবনে ?
: সুখ দুখটো মনৰ কথা আপুনি জনেই । অহা মাহৰ তিনি তাৰিখে আমাৰ বিয়া । এটা বিবাহ ভবন ঠিক কৰি দিছে তাই থকা আশ্ৰম খনৰ কৰ্তিপক্ষই । বহু ভাগি পৰিছিল তাই মইহে বুজাই মেলি শান্ত কৰিছোঁ । আপুনি কিন্তু বিয়ালৈ আহিব লাগিব । মই এতিয়া যাওঁঁ বিহাৰী বাবুকো খবৰটো দিওঁঁগৈ ।
একো কোৱাৰ সুবিধাও নাপালোঁ । এজনী বাদনামী ছোৱালীক বিয়া কৰোৱাৰ উৎসাহ দেখি মই আচৰিত হ'লো । মনতে ভাবিলো কি বিচাৰি পাইছে বাৰু ই । 

এদিন দুদিনকৈ ভাস্কৰে বিয়া কৰোৱা তিনি মাহ হৈ গ'ল । ঘৈনীয়েকৰ সৈতে সি আকৌ আগৰ হোটেল খনতে কাম কৰিছে । মই অবশ্যে তাক লগ কৰা নাই । কাৰণ মোৰ দৰে মানুহ এজনে এনেকুৱা নীচ মনোভাৱৰ মানুহৰ লগত মিলা মিচা কৰিলে ভাল নহয় বুলি জানো । পিছে লগ নকৰিলেও মোৰ টকা কেইটা ঘূৰাই পোৱাৰ আশা নাই গতিকে কলেজৰ পৰা আহোঁতেই তাক লগ কৰিম বুলি ভাবিলো । 
কলেজৰ পৰা ঘূৰি আহোঁতে সোমালোঁ ভাস্কৰ ওচৰত । মোক দেখি সি আথে বেথে নি হোটেলৰ পাছফালৰ সিহঁত থকা ঘৰটোত পোৱালেগৈ । কাঠৰ চকী এখনত মোক বহিবলৈ দি সি মাত লগালে 
: জেচমিন ওলাই অহা আলহী আহিছে ।দীঘলকৈ ওৰণিখন টানি তাই সোমাই আহিল । মই কিবা কোৱাৰ আগতেই সি ক'লে 
: মই যে তোমাক কৈ থাকোঁ দাদা জনৰ কথা কলেজত চাকৰি কৰে বুলি এখেতেই সেৱা এটা কৰা । বহুত ভাল মানুহ ।
 তিৰুতাজনিয়ে মই কিবা কোৱাৰ আগতেই মোৰ ভৰি চুই সেৱা জনালে। উপায়ন্তৰ হৈ মই ক'লো 
: হ'ব উঠা । সেৱা জনোৱাটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল মৰম চেনেহ । 
: আপুনি বহক চোন -- বুলি কৈ তাই ভিতৰলৈ সোমাই গ'ল ।
মই মনতে ভাবিলো যে নতুন ছোৱালীজনীৰ আগত ইয়াক পইচা কথা কোৱাটো ভাল হ'ব জানো । নকলেওঁ পোৱাৰ আশা নাই । তেনেদৰে ভাবি থাকোতেই ভাস্কৰে ক'লে মোক
: দাদা তাইৰ গাটো বেয়া । বেয়া মানে গাত লেথা ছমাহ । সেয়ে আপোনাৰ ওচৰলৈ যোৱা নাই চিনাকি কাৰি দিবলৈ । 
: গাত লেঠা -- ক'ব নোৱাৰাকৈ ডাঙৰকৈ ওলাই গ'ল মুখৰ পৰা । 
: ডাঙৰকৈ নকব তাই শুনিলে ভাগি পৰিব ।
কথাষাৰ ভাবিয়ে মোৰ গাটো জিকাৰ খাই উঠিল। মই আৰু তাত বহি থকা ভাল নহ'ব বুলি ভাবি ভাস্কৰক ক'লো 
: মই চাহ নাখাওঁঁ ।আজি গধূলি তই মোক লগ কৰিবি ।
সি কিবা ক'ব বিচাৰিছিল যদিও মোৰ শুনাৰ ধৈৰ্য নাছিল । মই খৰ খেদকৈ ওলাই অহিলো তাৰ পৰা ।
ৰুমত গৈ ভালদৰে হাত মুখ ধুই ভাত খাবৰ কাৰণে কুকাৰটো দাঙি অনিলো। মনতে ভাবিলো যে ভাস্কৰে বিয়া পতাৰ তিনি মাহ হওঁতে ঘৈনিয়েক ছমাহ গৰ্ভৱতী হোৱা কথাটো কেনেকৈ ইমান সহজে লৈছে নাই এইবোৰ একো নাজানে চাগে সি ।

সন্ধ্যা চাহ কাপ খাই মই বজাৰৰ ফালে ওলাই যাব খোজোঁতেই ভাস্কৰ ওলালেহি ।
 : দাদা অথনি আপুনি ইমান ল'ৰা ঢাপৰাকৈ গুচি আহিল তাই চাহ বাকিবলৈকে নাপালে ।
: বাৰু সেইবোৰ পাছৰ কথা এতিয়া চকিখনতে বহচোন তোৰ লগত ডাঙৰ কথা এটা আছে । -- তাৰ ফালে চকী খন আগবঢ়াই দিলোঁ ।
    সি বহো নবহোকৈ বহি পৰিল । মইও বিছনা খনটে বহি পৰিলোঁ । কথাবোৰ কোন খিনিৰ পৰা আৰম্ভ কৰিম তাকে ভাবি থাকোতেই সি কলে : দাদা পইছাৰ কথা যদি কব বিচাৰিছে তেনেহলে মই অলপ দিনৰ পাছত হে দিম কাৰণ মানুহজনীৰ গা পৰা লেথাটো আঁতৰ নোহোৱালৈকে টকা কেইটামান লাগে হাতত , সেই ভাবিছোঁ আপোনাৰ টকা কেইটা -- সেই বুলি সি ৰৈ গ'ল ।
: পইছাৰ কথা বাদ দে । এটা কথা কচোন তোৰ বিয়া পতা কিমান দিন হ'ল ! 
:তিনিমাহ। কিয় ? -- প্ৰশ্নবোধক দৃষ্টিৰে সি মোলৈ চালে ।
: আৰু তোৰ মানুহজনীৰ গাত হোৱা লেথা কিমান দিনৰ ? 
: ছমাহ আকৌ । 
কথাষাৰ সি ইমান সহজে কলে মই একেবাৰে আচৰিত হ'লো । তথাপিও কলো তাক 
: তোৰ জ্ঞান বুদ্ধি ঠিকেই আছেনে ! তই ঠিক জাননে যে তাইৰ পেটত থকা কেচুৱাটো কাৰ ? 
: ও জানো সেইটো কেঁচুৱা যে মোৰ নহয় । সেই ধৰ্ষিতা হওঁতেই তাইৰ পেটলৈ সেই শিশুটি আহিছে ।
: তেতিয়া হ'লে তই যদি গম পাৱ সকলো কথা তেনেহলে গৰ্ভপাত নকৰিলি কিয় ? কাৰণ ধৰ্ষিতা হোৱা মহিলাৰ গৰ্ভপাত কৰিলে আইনে জগৰীয়া নকৰে নহয় । 
: গৰ্ভপাত কৰা কথা তাই কৈছিল ময়হে বোলো নালাগে । কাৰণ যি প্ৰকাৰেই নহ‌‌ওক কিয় পৃথিৱীলৈ আহিব খোজা কেঁচুৱা মাৰি পেলোৱাটো জানো ভাল কথা হ'ব । ডাঙৰে কৰা ভুলৰ শাস্তি শিশুটোক নিদিওঁ বুলিহে মই ডাক্তৰক মানা কৰিলোঁ। এইয়াটো ভগৱানৰ দান । ইফালে জেছমিন আহোঁতেই মোৰ অন্তৰ ভৰি পৰিছে । এতিয়া ভগবানৰ কৃপাত ভালেৰে কেঁচুৱাটো পৃথিৱীলৈ আহিলে মই আটাইতকৈ সুখী মানুহ হ'ম । মোক আৰু একো নালাগে ।
: কিন্তু তই জানো তাক নিজৰ সন্তানৰ দৰে ভাবিব পৰিবি ?
:কিয় নোৱাৰিম । কাৰণ জন্ম হৈয়ে সি মোকেই দেউতা বুলি মাতিব । গতিকে দৈহিক সম্পৰ্কৰে মই তাৰ দেউতাক নহ'লেও মানসিক সকলো সম্পৰ্কই ঘটিব তাৰ লগত । আপুনি জানেই দৈহিক সম্পৰ্ক সদাই খন্তেকীয়া । 
  তাৰ কথাষাৰ শুনি মই কি কম ভাবি নাপালোঁ । সি কৈ গ'ল ---: মই জানো আপুনি মোক জুখি চাইছে যে সন্তানটিক মই কেনে ব্যবহাৰ কৰিম ।কিন্তু কথা দিছোঁ তাক মই বহুত মৰম কৰিম আৰু তাকো আপোনাৰ দৰে ভাল মানুহ হ'বলৈ শিকাম ।
  তাৰ কথাষাৰত মই ভীষণ লজ্জা অনুভব কৰিলোঁ । ভাস্কৰৰ মৰম তথা আন্তৰিকতাৰ ওচৰত মোৰ ৰক্ষণশীল মধ্যবিত্ত নৈতিকতাবোধে বৰ বেয়াকৈ হাৰ মানিলে । এনে লাগিল যেন মই ইমান দিনে সমাজৰ আগত পিন্ধি থকা ভদ্ৰতাৰ মুখা খন খোল খাই মোৰ আচল মুখ খন ওলাই পৰিল ।
 মনতে ভাবিলো তই নিজেই এক ভাল মানুহৰ উদাহৰণ আৰু সততাৰ প্ৰতিমূৰ্তি । 
 মোৰ ওচৰৰ পৰা সি কেতিয়া উঠি গ'ল মই গমেই নাপালোঁ আৰু মই শিল পৰা কপৌৰ দৰে চকী খনতে বহি থাকিলো ।


পৃষ্ঠা ৩৯

শিশু বিশেষঃ

প্ৰাৰ্থনা আৰু শিশু

প্ৰাৰ্থনা এক শক্তি। প্ৰাৰ্থনা হৈছে আমি আমাৰ মাজত থকা ভগৱানক উপলব্ধি কৰাৰ এক সুবিধা। এই সুবিধাৰ জৰিয়তে আমি ভিতৰৰ ঐশ্বৰিক গুণসমূহক চিনি ,সেইগুণৰে নিজক এক পৰিচয় দিব পাৰোঁ। ই এনে এক শক্তি যি আমাৰ মনটো কেৱল ইতিবাচক চিন্তা ৰে চহকী কৰিব পাৰে। প্ৰাৰ্থনাৰ সহায়ত আমি প্ৰতিটো দিন উদযাপন কৰিব পৰাকৈ নিজকে সাজু কৰোঁ। পুৱা গধূলি নিজকে প্ৰাৰ্থনাৰ জৰিয়তে ভগৱানৰ ওচৰত সমৰ্পন কৰি আমি আমাৰ ৰিপুসমূহক দমন কৰিব পাৰোঁ। নিজকে সংযত আৰু সবল কৰিবৰ বাবে প্ৰাৰ্থনাৰ গুৰুত্ব সঁচাই অপৰিহাৰ্য।
               শিশু আৰু প্ৰাৰ্থনা সমানেই পবিত্ৰ।শিশুৰ লগত কটোৱা সময়খিনিত যিদৰে দুখ বেদনা নাইকীয়া হৈ মনটো শান্ত হয় । একেদৰে প্ৰাৰ্থনা কৰাৰ পাছত আমাৰ মনটো স্থিৰ হয়, ৰিপুসমূহৰ আহুকাল শূন্য হৈ পৰে।কিছুসময়লৈকে আমাৰ মনটো মাথোঁ শান্তিৰে ভৰি পৰে। এই শান্তিয়ে জীৱনক সফলভাবে উদযাপন কৰাত সহায় কৰে।
                  শৈশৱ শিশুৰ বাবে ভাল গুণ আহৰণ কৰাৰ উপযুক্ত সময়। এই সময়তে শিশুৱে ভাল বেয়া সকলো গুণ আয়ত্ত কৰি লয় । আমি যি কৰিম তাৰ প্ৰভাৱতে এটি শিশুৱে নিজক গঢ় দিব। সেয়েহে ভালখিনি সদায় দিবলৈ যত্ন কৰিব লাগে। শৈশৱৰ পৰা খেলা ধূলা কৰিবলৈ যিদৰে উৎসাহ দিব লাগে, সেইদৰে প্ৰাৰ্থনাৰ অভ্যাসো গঢ়াত সহায় কৰিব লাগে। আপুনি মই পুৱা গধূলি প্ৰাৰ্থনা কৰাৰ সময়ত আমাৰ সন্তানটোক কাষত ল'ব লাগে। সি গাব পাৰে বা নোৱাৰে সেইটো ডাঙৰ কথা নহয়। এক ধ্যানত বহিবলৈ ল'লে সন্তানটোৱে ধৈৰ্য গুণ আহৰণ কৰিব ।আকৌ সি বা তাই এই কামটো কৰোঁতে কৰোঁতে নকৰাকৈ থাকিব নোৱাৰিব, প্ৰাৰ্থনাৰ সময়ত নিজে আহি যোগ দিব। ইয়াৰ লগতে প্ৰাৰ্থনা কৰাৰ ফলত এক শক্তিৰ অধিকাৰী হ'ব। নিজে নিজক বুজাব পাৰিব, ধীৰ, শান্ত আৰু সহনশীল গুণৰো অধিকাৰী হ'ব।
            সাধাৰণতে বিদ্যালয়লৈ গৈ প্ৰতিটো শিশুৱে প্ৰাৰ্থনা কৰাৰ অভ্যাসটো গঢ়ে। সিহঁত সকলোৱে মিলি একেখন মজিয়াত প্ৰাৰ্থনা কৰে।সৰ্বধৰ্মী প্ৰাৰ্থনা কৰে, সকলো সমান এই ভাবৰ গৰাকী হ‌য়। যাৰ ফলত ভাতৃত্ববোধ জন্মে।গতিকে এই মনোভাব অধিক সবল কৰিবৰ বাবে আমি ঘৰতো সন্তানক প্ৰাৰ্থনা কৰাৰ সৎ অভ্যাস গঢ় দিব লাগে। শিশুক নিজৰ মাজত থকা প্ৰতিভা সমূহ তথা শক্তিক আৱিষ্কাৰ কৰিবৰ বাবে প্ৰাৰ্থনা কৰিবলৈ শিকাওক। সময়ত এই প্ৰাৰ্থনাৰে আপোনাৰ সন্তানৰ মন সবৰ হৈ উঠিব।
সেয়েহে প্ৰাৰ্থনা শিশুৰ বাবে অতি প্ৰয়োজনীয়। আহক চোন যান্ত্ৰিক যুগত আমি শিশুক অলপ সময় আধ্যাত্মিক দিশটোলৈ লৈ যাওঁ। চিনাকি কৰাই দিওঁ শান্তিৰ সুগম পথটোৰ লগত।

ৰাজশ্ৰী বৰা
গোলাঘাট।


পৃষ্ঠা ৪০
এগণ্ডা হাইকু

হালধীয়া

এসাগৰ হালধীয়াই
ঢাকি ধৰে ধৰাতল
ৰুগ্নতাত কোঙা হয় অৰণ্য

ৰঙা

লঠঙা ডালত
ৰঙীন আবীৰ
ফাকুৱাত মতলীয়া ফাগুন

সেউজীয়া

বৰষুণৰ পৰশত
শিৰিক কৈ কঁপিল নাঙঠ বিৰিখ 
সেউজীয়া সাজে ঢাকিলে লাজ

বগা

আমোল-মোল পদুলিত
বসন্তৰ পদাপন
তগৰৰ উষ্ম সম্ভাষণ

মঞ্জিত হাজৰিকা
সহ সম্পাদক, অঙ্গন


পৃষ্ঠা ৪১
লিমাৰিকঃ

আজিৰ এগণ্ডা লিমাৰিক

(এক)
তিলটোকে তাল কৰা তোৰ হেনো স্বভাৱ।
সাধাৰণ জ্ঞানো দেখো একেবাৰে অভাৱ।
নাক জানো আছে তোৰ,
চৰমহে লাগে মোৰ,
অল্পবিদ্যাৰে সমাজখনত দি আছ' প্ৰভাৱ।

(দুই)
চোট-টাইট কৰি ভাব' কণ্টকৰাম মই।
মুখখন মেলিলেই বুজো শিয়ালহে তই।
লাজ-বীজ তোৰ নাই,
কথাতেই বুজি পায়, 
ফেউৰাৰ দৰে কিন্তু আছে তোৰ ভয়।

(তিনি)
তেল মাৰি, মাৰি তই ক'ত কি যে হলি।
সকলোৱে জানে তোৰ কাৰ লগত হলি-গলি।
অন্তৰত আছে মলি,
জ্ঞান শূণ্য তই কলি,
কটাৰীত নাল লগাই জীৱন যাব জ্বলি।

(চাৰি)
তোক মই বন্ধু বুলি মিচাতেই মানো।
পিঠিৰ পিছত হান মাৰ' তাকো মই জানো।
অ'ত এটা ত'ত এটা,
ক'ত যাবি তই বেটা,
তোৰ দৰে হাৰামীক মই কিদৰে মনত ৰাখো।

তপন কুমাৰ নগঁঞা


পৃষ্ঠা ৪২

শেষ পৃষ্ঠাৰ লেখাঃ
ফাগুন আৰু ফাকুৱা

ফাগুন আহি ঋতুৰ দুৱাৰত টোকৰ মৰাৰ লগে লগে শীতৰ জাৰে লঠঙা কৰা বৃক্ষৰ শুকান ডালবোৰত জুই লাগে আৰু বিয়পি পৰে হাবি-বননি, অৰণ্য সকলোতে তেজ ৰঙা জুই। বসন্ত বুলিলে যেনেকৈ কপৌ ফুলৰ কথা মনলৈ আহে নাইবা শৰৎ আহিলে যেনেকৈ শেৱালী ফুলৰ সুগন্ধ নাকত লাগে, ঠিক সেইদৰে মদাৰক বাদ দি ফাগুনৰ কথা ভাবিবই নোৱাৰি। ফাগুনৰ লগত মদাৰৰ এৰাব নোৱাৰা নিবিড় সম্পৰ্ক। সেয়ে গালে মুখে ৰং সানি পূৰ্ণ যৌৱনা গাভৰুৰ দৰে জাকমক হৈ সাজি-কাচি মদাৰে ফাগুনক আদৰিবলৈ সাজু হয়। ফাগুন আহে বৰদৈচিলা হৈ। আউলি-বাউলি চুলিৰে ধুমুহাৰ গতিত প্ৰৱেশ কৰা বৰদৈচিলাই গছ-গছনিৰ বনপাত সৰুৱাই লঠঙা কৰি তোলে।

এই প্ৰকৃতিৰ সৈতে মানুহৰ মনৰো এৰাব নোৱাৰা এক ঘনিষ্ঠতা আছে। মানুহৰ মনবোৰ এই পৰিৱেশত ৰিঙা ৰিঙা লাগে আৰু ফাগুনে এই মনটোক উতনুৱা কৰি মন-প্ৰাণক উগুল-থুগুল কৰে। মৰম আকলুৱাসকলৰ হৃদয়ে হৃদয়ে প্ৰেমানুভূতি জগাই উতলা কৰি তোলে প্ৰেমিকৰ হৃদয়কাশ। সঁচাকৈ অবুজ হৃদয়ত লাগে অচিনাকি নিচা আৰু এই নিচাই অচিনাকিক চিনাকি কৰে ফাগুনে। নতুন নতুন অনুভৱৰে মিতিৰালি পাতি মনত মহাপ্ৰয়োভৰে আৱিৰ সানে পলাশ আৰু মদাৰৰ প্ৰস্ফুটিত ৰঙেৰে। প্ৰিয়জনে প্ৰিয়জনক ৰং সানিবলৈ যে ‘কত’ কল্পনা কৰে। ৰঙা, নীলা, গুলপীয়া আদি ৰঙেৰে লুতুৰি-পুতুৰি হোৱা আনন্দৰ ৰঙৰ উৎসৱ ফাকুৱাই মানুহৰ মানসিক দুখ আঁতৰাবলৈ, উৰুঙা উৰুঙা লগা মনক ৰঙাই তুলিবলৈ যেন সঞ্জীৱনী সুধা হৈ আহে। আৰু এই ফাগুনে কঢ়িয়াই অনা এই অনবদ্য উপহাৰে পুৰুষ মহিলা, ডেকা-গাভৰু উভয়ৰে মন পুলকিত কৰি মতলীয়া কৰে। মনলৈ কঢ়িয়াই আনে অনাবিল সুকীয়া উন্মাদনা। আকাশে-বতাহে উৰি ফুৰে পলাশ-শিমলুৰ সুবাস। ঠিক এনেকুৱা সময়তে আগমন হয় ফাকুৱা বা হোলী উৎসৱ।ভাৰতীয় পৌৰাণিক শাস্ত্ৰমতে পৰম বৈষ্ণৱ ভক্ত প্ৰহ্লাদৰ পিতৃ দৈত্যৰাজ হিৰন্যকশিপুৰ “হোলিকা” নামেৰে নৰমাংসভোজী এজনী ভগ্নী আছিল। নৰমাংস ভক্ষণ কৰিবলৈ নাপালে তাই চিঞৰ বাখৰ কৰি মানুহক অত্যাচাৰ কৰিছিল। প্ৰজাসকলে তাইৰ অত্যাচাৰ উৎপীড়নৰ পৰা ৰক্ষা পাবলৈ প্ৰতিদিনেই এজন মানুহ মাৰি সেই মানুহজনৰ মাংস হোলীকাক ভক্ষণ কৰিবলৈ দিব ধৰিলে। তাই তৃপ্ত হ’ল। প্ৰজাসকলে তাইৰ এই নিষ্ঠুৰতাৰ বিৰুদ্ধে ভিতৰি ভিতৰি গুজৰি গুমৰি আছিল যদিও ৰজাৰ ৰোষত পৰিব বুলি ভাবি প্ৰতিবাদ কৰিবলৈ ভয় কৰিছিল। কিন্তু সকলো অপকৰ্মৰে এটা সীমা থাকে আৰু মানুহৰ ধৈৰ্যৰো এটা সীমা থাকে। প্ৰজাসকলে গোপনে এক আলোচনাত মিলিত হৈ “হোলিকা”ক কেনেকৈ বধ কৰা যায় তাৰেই উপায় উলিয়ালে। এদিন সকলো প্ৰজা একত্ৰিত হৈ নিশাৰ ভাগত নিশাচাৰী “হোলিকা”ক বধ কৰিলে। দিনটো আছিল ফাল্গুনী পূৰ্ণিমাৰ আগদিনা শুক্লা চতুৰ্দশী তিথি। প্ৰজাসকলে তাইৰ মৃতদেহটো দাহ কৰি পিছদিনা পূৰ্ণিমা তিথিত “হোলিকা”ৰ নিষ্ঠুৰতাৰ পৰা মুক্তি পোৱাৰ আনন্দত উৎসৱ পাতিলে। সেই উৎসৱৰ নাম দিলে “হোলিকা” দহন উৎসৱ। আনহাতে বিষ্ণু পুৰাণৰ মতে- নিজকে ভগৱান বুলি প্ৰচাৰ কৰা দৈত্যৰাজ হিৰন্যকশিপু আছিল বিষ্ণুদ্বেষী। তেওঁৰ পুত্ৰ প্ৰহ্লাদ আছিল পৰম বিষ্ণুভক্ত। সেই অপৰাধৰ বাবে হিৰন্যকশিপুৱে ভক্ত প্ৰহ্লাদৰ ওপৰত অকথ্য নিৰ্যাতন চলায়ো কোনো ফল নধৰাত পুত্ৰ প্ৰহ্লাদক প্ৰানদণ্ডৰ আদেশ দিলে। পৰ্বতৰ ওপৰৰ পৰা পেলাই দি, বিষাক্ত সৰ্পৰ মুখত নিক্ষেপ কৰি, হাতীৰে গচকায়ো প্ৰহ্লাদক মাৰিব নোৱাৰি ৰজাৰ ভগ্নী “হোলিকা”ক প্ৰহ্লাদক পুৰি মাৰিবলৈ আদেশ দিছিল। “হোলিকা”ই যাদুবিদ্যাৰ বলত অগ্নিকুণ্ডৰ মাজত থাকিব পাৰিছিল। অগ্নিয়ে তাইক পুৰি মাৰিব নোৱাৰিছিল। তাই এটা বিৰাট অগ্নিকুণ্ড জ্বলাই প্ৰহ্লাদক নিজৰ কোলাত বহুৱাই লৈ অগ্নিকুণ্ডত প্ৰৱেশ কৰিলে। প্ৰহ্লাদে নিশ্চিতমনে মাথোঁ ভগৱানৰ নাম ল’বলৈ ধৰিলে। ঈশ্বৰৰ নামৰ মহিমাই “হোলিকা”ৰ যাদুবিদ্যাৰ প্ৰভাৱ নোহোৱা কৰিলে। প্ৰহ্লাদৰ নোম এডালো অগ্নিয়ে স্পৰ্শ নকৰিলে। “হোলিকাৰ” মৃত্যুত বিষ্ণুভক্তসকলে ভগৱানক প্ৰাৰ্থনা কৰি তেওৰ যশ-গুণ-কীৰ্তনেৰে আনন্দ উৎসৱ পাতিলে। হোলিকা জুইত জাহ যোৱা দিনটোও আছিল ফাল্গুনী পূৰ্ণিমাৰ আগদিনাৰ দিনটো। গীত মাত গাই আনন্দ কৰা দিনটোও আছিল ফাল্গুনী পূৰ্ণিমা তিথি। তেতিয়াৰ পৰাই সেই পূৰ্ণিমা তিথিত পতা আনন্দ উৎসৱটো হোলিকা দহন উৎসৱ ৰূপে প্ৰচলিত হ’ল। পৰৱৰ্তী কালত এই উৎসৱৰ নামৰ কিছু সলনি হৈ “হোলী” উৎসৱ হৈ পৰিল। আজিও উত্তৰ ভাৰতৰ কোনো ঠাইত হোলিকাৰ পুত্তলিকা সাজি দহন কৰাৰ পৰম্পৰা প্ৰচলিত।ফাগুন মাহৰ পুৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদ্‌যাপন কৰা প্ৰধান উৎসৱ হৈছে ফাকুৱা । ফাকুৱাক দৌলোৎসৱ, ফল্গোৎসৱ, ফাগুৱা, ফাকু মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায় । সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গোৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় । এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক অনুষংগিক উৎসৱ । ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা ফাকুৱা উৎসৱৰ সৃষ্টিৰ সৈ্তে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে ।

ফাকুৱাৰ প্ৰথম দিনা 'হলিকা দহন' বা 'সৰুহোলি' আৰু দ্বিতীয় দিনা 'ৰঙৰ ফাকুৱা' বুলি কোৱা হয় । এই উৎসৱ হিন্দু ধৰ্মৰ লোকসকলৰ বাহিৰেও অন্য দেশত বাস কৰা বিভিন্ন ধৰ্মালম্বীৰ লোকসকলেও অতি উলাহ মালহেৰে মালহেৰে পালন কৰে ।অসমৰ সত্ৰ বৰদোৱা ,বৰপেটা আদিত হোলীক 'দৌলোত্‍সৱ' বুলি পালন কৰি অহা হৈছে ।এই দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয় ।দৌলোত্‍সৱৰ প্ৰথম দিনটোক 'গোন্ধযাত্ৰা' বোলা হয় ।সেই দিনটোত গায়ন-বায়নেৰে সতে কৃষ্ণ গোসাঁইক কীর্তনঘৰৰ পৰা উলিয়াই আনি সত্ৰৰ চোতালৰ 'বৰশৰাই'ত সংস্থাপন কৰা হয় ।আগতেই নল-খাগৰিৰে তৈয়াৰ কৰি ৰখা মেজিত জুই জ্বলাই ঢোল ,খোল ,উৰুলি ,কীর্তন আদি আনন্দমুখৰ পৰিৱেশত গোঁসাইক মেজিৰ চাৰিওফালে সাত পাক ঘূৰোৱা হয় ।ইয়াক মেজি পুওঁৱা প্ৰথা বুলি কোৱা হয় আৰু ইয়াৰ পাছতেই গোঁসাইক 'যোগমোহন' ঘৰত ৰখা হয় আৰু পাছত দৌললৈ নিয়া হয় ।ভক্তসকলে দৌলত গোঁসাইক কুমকুম ,ফাকু আদি সানে ।আৰু সেইদিনা নিশালৈ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ভাওনা ,যাত্ৰা ,ঘোষা-কীর্তন আদি অনুষ্ঠিত কৰা হয় ।এই দিনটোক 'ভৰ দেউল' বুলি কোৱা হয় ।আৰু পাছৰ দিনা আবাল-বৃদ্ধ-বনিতাসকল লগ হৈ আনন্দ-উত্‍সৱৰ মাজেৰে গোঁসাইক ঘুনুচা সত্ৰলৈ নি আকৌ বৰপেটা সত্ৰলৈ ঘূৰাই আনে ।এই দিনটোক কোৱা হয় 'সুৱেৰী' ।প্ৰতি বছৰৰ ফাগুনী পূর্ণিমাত উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো অতি উলহ-মালহেৰে আৰু পৰম্পৰাগত নীতি-নিয়মেৰে দৌলোত্‍সৱ পালন কৰা হয় ।ইয়াতো বৰদোৱাৰ আর্হিতেই দৌলোত্‍সৱ পালন কৰা হয় ।পূর্ণিমাৰ আগদিনাখন চাৰিডাল ভলুকা বাঁহ দৌলৰ চাৰিওকোণত পুতি তাত তিনিখন চন্দ্ৰতাপ আঁৰি দিয়া হয় ।আন এডাল জাতি বাঁহ দৌলৰ বাওঁহাতে পুতি কলচি বান্ধি দিয়া হয় ।এইডালক 'ধর্মধ্বজা' বোলা হয় ।পৰম্পৰাগত নিয়ম অনুসৰি দৌলগোবিন্দ মন্দিৰত পাঁচদিনীয়াকৈ দৌলোত্‍সৱ উদযাপন কৰা হয় ।উত্‍সৱৰ শেষৰদিনা পুৱাৰপৰাই ডেকা-গাভৰু ,মুনীহ-তিৰোতা আদি সকলোৰে দেহ-মন ৰঙীন ,চঞ্চল হৈ পৰে ।হোলীগীতেৰে চৌদিশ মুখৰিত কৰি সকলোৱে হাতে হাতে ৰঙৰ আবিৰ ফাকুগুড়ি লৈ হোলী খেলিবলৈ আৰম্ভ কৰে ।এই দৌলগোবিন্দ মন্দিৰৰ দৌলোত্‍সৱ কিমান চনৰপৰা পালন কৰি অহা হৈছে ,সেয়া সঠিকভাৱে কোৱা টান যদিও ইংৰাজৰ অধীনলৈ অসমখন যোৱাৰ আগৰেপৰা ইয়াত দৌলোত্‍সৱ পালন কৰি আহিছে বুলি জনা যায় ।

যি কি নহওক ,ৰঙৰ প্ৰাচুর্য্যই এই ফাকুৱা উত্‍সৱৰ মূল বিশেষত্ব ।ফাকুৱাৰ অতিকৈ গুৰুত্বপূর্ণ বস্তুটোৱেই হৈছে ফাকুগুড়ি ।অতীজত হোলী উত্‍সৱত ব্যৱহাৰ কৰা ৰঙৰ সংখ্যা আছিল সীমিত আৰু সেইবিলাক আছিল প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা ।প্ৰাকৃতিক ৰংবোৰ তেওঁলোকে গছৰ পাত ,ফুল ,ফল ,শিপা আদিৰ পৰা সংগ্ৰহ কৰিছিল ।বিশেষকৈ মহুৱা ফুল ,জবা ,অপৰাজিতা ফুল ,জেতুকা ,নীলু, শিমলু ,পলাশ ,ফলগু ,জাৰথ গছৰ গুটি আদিৰ পৰাই ফাকুৰ ৰংবোৰ সংগ্ৰহ কৰিছিল ।কিন্তু বর্তমান এই প্ৰাক্ তিক ৰংবোৰৰ ব্যৱহাৰ প্ৰায় নাইকিয়া হ'ল বুলি কব পাৰি ।এই প্ৰাকৃতিক ৰংবিলাকে ছালৰ সৌন্দৰ্য্যবর্ধনৰ লগতে ৰোগ নিৰাময়তো সহায় কৰিছিল ।কিন্তু বর্তমানৰ ফাকুগুড়িসমূহ ৰাসায়নিক উপায়েৰে তৈয়াৰ কৰা ,যি ছালৰ বাবে অত্যন্ত অপকাৰী ।বর্তমান ব্যৱহাৰ কৰা ৰাসায়নিক ৰংবোৰৰ পৰা মানুহৰ বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগ হব পাৰে বুলি বিজ্ঞানীসকলে প্ৰমাণ কৰিছে ।কাৰণ ফাকুগুড়ি ,পানী ৰং বা পেষ্টজাতীয় ৰংবোৰ মানুহৰ শৰীৰত সানিলে ছালৰ মাজেৰে শৰীৰত প্ৰৱেশ ঘটে । এই ৰাসায়নিক ৰংবোৰ এনেয়েও ক্ষতিকাৰক তাতে আকৌ বিভিন্ন ৰংৰ ফাকুগুড়িত মিহলোৱা হয় ছিলিকা গুড়ি ,এছবেষ্টছ আদি ।এই দুয়োবিধ দ্ৰব্যই শৰীৰৰ প্ৰচুৰ ক্ষতিসাধন কৰে ।এই ৰাসায়নিক ৰংবিলাকৰ পৰা মানুহৰ শ্বাসৰোগ ,ছালৰ ৰোগ ,এলার্জি ,চকু উখহা ,বৃক্ক বিকল হোৱা ,বুদ্ধিহীনতা ,মানসিক ৰোগ আনকি কর্কটৰ দৰে ৰোগো হব পাৰে । এই ৰাসায়নিক ৰঙৰ ব্যৱহাৰ বন্ধ কৰিব পৰা যাব যদিহে গছৰ পাত ,ফুল ,ফল ,শিপা আদিৰ পৰা পুণৰ প্ৰাকৃতিক ৰং প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰিব পৰা যায় ।লগতে ৰাসায়নিক ৰঙৰ পৰা সৃষ্টি হোৱা বিভিন্ন ৰোগৰ পৰাও মানুহ ৰক্ষা পৰিব ।যিহেতু প্ৰাকৃতিক ৰংবোৰ মানুহৰ ছালৰ বাবে যথেষ্ট উপকাৰী লগতে ঔষধি গুণসম্পন্ন ।

শেষত ,আমি যি ৰঙেৰেই ফাকুৱা বা হোলী নেখেলো লাগিলে এই ফাকুৱা উত্‍সৱ কেৱল বসন্তৰ ৰং-আনন্দ তথা ধর্মীয় উত্‍সৱেই নহয় ,ফাকুৱা বা হোলী উত্‍সৱ শান্তি ,সম্প্ৰীতি ,সমৃদ্ধি আৰু মহামিলনৰো উত্‍সৱ ।সমাজলৈ ভাতৃত্ববোধৰ ভাৱনা কঢ়িয়াই আনে এই ফাকুৱা উত্‍সৱে ।ফাগুনৰ পছোৱাই দেহ-মন উতলা কৰি নিয়া এই ক্ষণতে ৰঙেৰে ৰাঙলী কৰি তোলক সকলোকে এই ফাকুৱা উত্‍সৱৰ ৰঙেৰে ।আৰু ফাকুগুড়ি ছটিয়াই  প্ৰেম-প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাবনাৰে ইজনে-সিজনৰ স'তে বান্ধ খাই পৰক ৷

পৰিণীতা কলিতা
সহঃ সম্পাদক, অঙ্গন


পৃষ্ঠা ৪৩


ৰশ্মিতা বৰ্মন
গোলাঘাট বাণিজ্য মহাবিদ্যালয়


পৃষ্ঠা ৪৪



পৃষ্ঠা ৪৫



Post a Comment

0 Comments