অঙ্গন (২০ নং সংখ্যা)

পৃষ্ঠা ১



পৃষ্ঠাঃ ২

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।

আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 মাৰ্চ, 2021

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১। সম্পাদকীয়ঃ ৫
লেখকৰ পুৰস্কাৰ

২। প্ৰৱন্ধ : ৬
ক। শব্দময় ছন্দপতন
খ। মধ্য যুগৰ অসমৰ দুগৰাকী গৰীয়সী নাৰী

৩। চুটি গল্প : ৮
আপোন পৰ

৪। ধাৰাবাহিক উপন্যাস : ৯
ক। অভিশ্ৰুতি
খ। এই বাটেদি ৰাধা যমুনালৈ যায়

৫। অনুগল্প : ১১
দুৰ্ভাগ্য

৬। বিশেষ লেখা : ১২
নাৰী দিৱসৰ তাৎপৰ্য আৰু মনৰ অনুভৱ

৭। অনুবাদ কবিতা : ১৩
ক। সময়েও কৰিছে সন্ধান
খ। মহাকাব্যৰ উপেক্ষিতা
গ। মই হায়ৰাণ

৮। কবিতা : ১৬
ক। মই তোমাৰ দূৰন্ত প্ৰেমিক
খ। ধূলিয়ৰি বাট
গ। জীৱনৰ গতিছন্দত সুদূৰ পিপাসী মন
ঘ। দৰিদ্ৰতা
ঙ। ফাগুন
চ। প্ৰকৃতিৰ প্ৰেম
ছ। প্ৰভাত
জ। সংজ্ঞা
ঝ। দু:খৰ ঋতুৰ কবিতা
ঞ। প্ৰেমৰ আভাস
ট। অক্ষমতা
ঠ। খৰিবোৰ কোনে সামৰিছে
ড। ফাগুন
ঢ। অন্যথা মই নাৰী
ণ। সাঁথৰ
ত। মহানাগৰিক
থ। শৰতৰ শেৱালি
দ। সুৰীয়া সুৰৰ ৰাগীত

৯। ভ্ৰমণ কাহিনী : ৩৪
খজ্জিয়াৰ

১০। গল্প : ৩৫
ক। প্ৰত্যাগমন
খ। দেউতাৰ পদুলিত গোন্ধাইছে মালতী

১১। নীলা খামৰ চিঠি : ৩৯

১২। ৰেচিপি : ৪০
বেঙন মছলা

১৩। শিশু বিশেষ : ৪১
শিশুৰ আবেগ

১৪। কথোপকথন : ৪২
শ্ৰীমন্ত দত্তদেৱৰ সৈতে।


পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ চিন্ময়ী দাস, নহিৰা , কামৰূপ
কেমেৰা : প্ৰসন্ন কলিতা

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শিখামণি গগৈ, শৰ্মীষ্ঠা বৰ্মন, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।


পৃষ্ঠা ৫
সম্পাদকীয়ঃ

লেখকৰ পুৰস্কাৰ

একেবাৰে সৰল ভাষাত ক’বলৈ গ’লে যি মনৰ ভাৱ কলমেৰে লিখি প্ৰকাশ কৰে তেওঁকেই আমি লেখক বুলি কওঁ। কোনোবাই গল্পৰ মাধ্যমেৰে, কোনোবাই কবিতাৰ মাধ্যমেৰে, কোনোবাই প্ৰৱন্ধ, সমালোচনা, অনুভৱ, ভ্ৰমণ আদিৰ মাধ্যমেৰে নিজৰ মনৰ কথাখিনি ব্যক্ত কৰে। তেওঁলোক প্ৰতিজনেই চমু অৰ্থত একো একোজন লেখক। কিন্তু কেতিয়াবা প্ৰশ্ন হয়, কেৱল মনৰ কথাখিনি ব্যক্ত কৰিলেই জানো লেখক হ’ব পাৰি? নিশ্চয়, নোৱাৰি। কেতিয়াবা আনৰ মনৰ ভাৱ, এখন সমাজ তথা দেশৰ মনৰ ভাৱ প্ৰকাশ কৰিও লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰা ব্যক্তি দেখিবলৈ পোৱা যায়। লেখক এজনৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু অন্যান্য বহু দায়ৱদ্ধতা থাকে যি দায়ৱদ্ধতাৰ বাবে লেখক এজন সাধাৰণতে জনসাধাৰণৰ প্ৰিয় মানুহ হৈ পৰে।

অসমীয়া ভাষাত এজন লেখকৰ সাধনা, থাকিবলগীয়া গুণাৱলী সম্পৰ্কে বিশেষভাৱে হোমেন বৰগোহাঞিদেৱে তেখেতৰ কেবাখনো গ্ৰন্থত উল্লেখ কৰিছে। লেখক হোৱাৰ যাতনা কেনেধৰণৰ, লেখক এজনে কিদৰে আগবাঢ়ি যোৱা উচিত আদি সম্পৰ্কত আমি তেখেতৰ গ্ৰন্থত পঢ়িবলৈ পাইছোঁ। এজন লেখকৰ ব্যক্তিত্বত থাকিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ গুণ হৈছে জ্ঞানৰ প্ৰতি থকা আগ্ৰহ। জ্ঞান অন্বেষণেই লেখকৰ মূল বৈশিষ্ট্য। ইয়াৰ অৰ্থ, যিদৰে আনৰ গান নুশুনিলে আমি ভাল গায়ক হ’ব নোৱাৰো, আনৰ অভিনয় নাচালে আমি ভাল অভিনেতা হ’ব নোৱাৰো একেদৰে আনৰ কিতাপ নপঢ়িলেও আমি ভাল লেখক হ’ব নোৱাৰো। বিশ্বৰ ইতিহাসত এয়া স্পষ্টকৈ জিলিকি আছে যে যি কিতাপৰ পোক, যি কিতাপৰ নপঢ়িলে থাকিব নোৱাৰে তেওঁৱেই এদিন নিজৰ লেখাৰ মাধ্যমেৰে বিশ্বক পৰিচালনা কৰিছিল। এলবাৰ্ট আইনষ্টাইন, মেৰি কুৰি, আব্ৰাহাম লিংকন, বৰাক অবামা, এ পি জে আব্দুল কালাম, ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ভবেন্দ্ৰ নাথ শইকীয়া আদিৰ দৰে মহান মনিষীসকল ইয়াৰ জ্বলন্ত উদাহৰণ।

কেৱল পাঠকৰ মনত মনোৰঞ্জন দিয়াই এজন লেখকৰ উদ্দেশ্য নহয়। লেখকে লেখাৰ মাধ্যমেৰে এটা জাতিক একত্ৰিত কৰি ৰাখিব পাৰে, মানুহৰ মনত জীয়াই থকাৰ সাহসৰ সঞ্চাৰ কৰিব পাৰে, মানুহৰ মানসিক জগতখন পৰিচালনা কৰিব পাৰে, কোনো এখন দেশৰ চৰকাৰখনক শুদ্ধ পথত আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। যেতিয়া কোনো এজন লেখকৰ লেখাত সমাজৰ বৃহত্তৰ স্বাৰ্থই স্থান পায় তেতিয়াই সেই লেখকজন পাঠকৰ আপোন হৈ পৰে।

লেখকৰ বাবে পাঠকৰ সহাৰিয়েই সৰ্বশ্ৰেষ্ঠ উপহাৰ। কোনো এজন লেখকৰ লেখা পঢ়ি অন্ততঃ এজন পাঠক প্ৰকৃতাৰ্থত উপকৃত হলেও লেখকজনৰ শ্ৰমখিনিয়ে মৰ্যদা পায়। ইয়াৰ উপৰিও আজিকালি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে লেখক-লেখিকাসকলক বিভিন্ন বঁটা, উপাধি, সন্মানেৰে সন্মানিত কৰা দেখা যায়। কিন্তু অতিকৈ পৰিতাপৰ বিষয় যে এনে পুৰস্কাৰৰ ক্ষেত্ৰত সাধাৰণতে যি প্ৰকৃত লেখক অথচ অৰ্থনৈতিকভাৱে সবল নহয়, যাৰ সাধাৰণতে সামাজিক মাধ্যমৰ লগত কোনো পৰিচয় নাথাকে, তেনে লোকসকল প্ৰায়েই উপেক্ষিত হৈ ৰয়।

অলপতে অসম চৰকাৰে এটা বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলে। লেখক সকলক এককালীন ভাৱে অৰ্থনৈতিক সহাৰি আগবঢ়াই বহুতকে উতসাহিত কৰিলে। আমি লক্ষ্য কৰিছিলোঁ, এই পদক্ষেপত বহুতো অৰ্থনৈতিকভাৱে পিছপৰা লেখকসকল উপকৃত হৈছে। অৱশ্যে এই কাৰ্যৰ সমালোচনাও নোহোৱাকৈ থকা নাই। একাংশই এই পদক্ষেপক চৰকাৰখনৰ হিতাধিকাৰী সৃষ্টিৰ কৌশল বুলিও সমালোচনা কৰা দেখিবলৈ পোৱা গল। এই সমালোচনাৰ একমাত্ৰ সমল হৈছে আহি থকা বিধান সভা নিৰ্বাচন। আমি আশাবাদী, প্ৰতিখন চৰকাৰেই লেখক সকলৰ জীৱনৰ প্ৰতি সততা আৰু দায়ৱদ্ধতা প্ৰদৰ্শন কৰক। প্ৰতিটো বৰ্ষৰ অন্তত আহিবলগীয়া চৰকাৰখনেও এনে কাৰ্যসূচীৰে লেখক সকলক উপকৃত কৰক। কিয়নো, লেখকেই হৈছে এটা জাতিৰ, এটা ভাষাৰ মূল কাণ্ডাৰী। লেখকৰ কলমেৰে যিমানেই সাহিত্যৰ সৃষ্টি হব সিমানেই ভাষাটোৰ চৰ্চা হব, সিমানেই আমাৰ ভাষাটোও শক্তিশালী হব।

হেমেন নাথ
সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 9678696861

পৃষ্ঠা ৬
প্ৰৱন্ধঃ

শব্দময় ছন্দপতন

শ্যামলিমা কাকতি
নতুন দিল্লী

"বিশ্বৰ ছন্দে ছন্দে
মহানন্দে আনন্দে,
নাচা...
নাচা তমোহৰ দেউ নাচা"

   কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ গীতৰ ছন্দ বিশ্বৰ প্ৰতিটো প্ৰাণৰ স্পন্দনৰ লগত যেন মিলি গৈছে। ছন্দ অবিহনে জীৱন কল্পনা কৰা অসম্ভৱ। গৰ্ভত থকাৰে পৰা প্ৰতিটো জীৱই নিজৰ হৃদয়ৰ স্পন্দনৰ ছন্দত জীৱন আৰম্ভ কৰে আৰু অন্তিম ক্ষণত ছন্দহীন হৈ পৰে। মানুহৰ হৃদয়ত আৱেগ আৰু অনুভূতি জগাই তুলি, আলোড়ন সৃষ্টি কৰিব পৰা সুনিয়ন্ত্ৰিত, মাধুৰ্যপূৰ্ণ ধ্বনি প্ৰৱাহেই হৈছে ছন্দ।

   কবিতা এটা স্বৰ্গীয় বস্তুৰ দৰে, ইয়াত বৰ্ণ, ছন্দ, যতি, শুদ্ধ আৰু স্পষ্ট জ্ঞান আয়ত্ব কৰিলে কবিতাটো কোনো কুলষিতাই স্পৰ্শ কৰিব নোৱাৰে। কবিতা এক অনুপম শব্দ শিল্প, সেয়ে কবি সকল হ'ল প্ৰতিমা পঢ়া খনিকৰৰ দৰেই শব্দৰে কবিতা গঢ়া কাৰিকৰ বা শব্দ শিল্পী। কবিতাক আকৌ আবৃত্তিও কৰিব পাৰি। আবৃত্তিকাৰে যি ভাষাৰে আবৃত্তি কৰে সেই ভাষাৰ ব্যাকৰণগত পৰিভাষাত যেনে- বৰ্ণ, ধ্বনি, ছন্দ, যতি, পংক্তি, মাত্ৰা, লয় আদি শুদ্ধ হোৱা প্ৰয়োজন। শব্দ স্পষ্ট আৰু শুদ্ধকৈ উচ্চাৰণ কৰাৰ লগতে শ্বাস-প্ৰশ্বাস আদিৰ প্ৰতিও সজাগ হ'ব লাগে। এনে ক্ষেত্ৰত ছন্দই কবিতাটোক প্ৰাণৱন্ত কৰি তোলে। পশ্চিমীয়া কবিতাত বিভিন্ন  প্ৰকাৰৰ ছন্দ আছে, তেনে এবিধ কবিতাৰ ছন্দৰ নাম 'চনেট' (ছনেট)।

   বিশ্বৰ কবি ৰবীন্দ্ৰ নাথ ঠাকুৰে কবিতাৰ ছন্দৰ প্ৰয়োজনীয়তা আৰু মহিমা সম্পৰ্কত কৈছে যে, ছন্দই কবিতাক এটি গতিবেগ দিয়ে, তাৰ ফলত কথা আমাৰ অন্তৰলৈ প্ৰৱেশ কৰি ঢৌ খেলি খেলি আৱেগ সঞ্চাৰ কৰে। ছন্দৰ মিল আছে বাবেই কথাটো শেষ হৈও শেষ নহয়, বক্তব্যৰ অন্ত পৰিলেও ইয়াৰ ঝংকাৰৰ অন্ত নপৰে। গীতত যেনেদৰে সাতোটা স্বৰগমৰ পৰা কিমানবোৰ সুৰৰ সৃষ্টি হৈয়ো কোনো কলুষতাই স্পৰ্শ কৰিব পৰা নাই ঠিক কবিতাটো একেটা কথাই প্ৰযোজ্য। ইয়াত ড° ভূপেন হাজৰিকাৰ কবিতাৰ কথা উল্লেখ কৰিব পাৰি। তেওঁ গীতেৰে, কথাৰে সুৰ আৰু কণ্ঠৰে মানুহৰ জয়গান গাই ধৰাৰ দিহিঙে -দিপাঙে  ঘূৰি ফুৰোঁতে, বাটত লগ পোৱা সকলো স্তৰৰ মানুহকে আপোন কৰিছে। ছন্দময় কবিতাক গীতৰ সুৰত বন্ধোঁতা তেওঁক সমগ্ৰ পৃথিৱীৰ মানুহে মৰমেৰে বুকুৰ মাজত আকোঁৱালি লৈছে।

   ৰোমাণ্টিক ভাৱদৰ্শনৰ গীতি কবিতাই পূৰ্ণ বিকাশ সংগীত আৰু কোমলতাৰ পূৰ্ণ ৰূপ লয়। ৰঘুনাথ চৌধুৰীৰ কবিতাত অভিব্যক্ত প্ৰেম অনুৰাগো আছিল ৰোমান্টিক ঐতিহ্যবাহী  প্ৰেম চেতনাৰেই অনুৰূপ। তেওঁৰ বাবে প্ৰেম মাথো দেহ সৰ্বস্ব নহয়, দেহাতীত অপাৰ্থিৱ কামনাৰ ৰঙেৰে ই উজ্জ্বল মহিমাম্বিত। বিভিন্ন ভাষাৰ ৰং ৰূপ বিচিত্ৰতাৰ মাজত দিনে দিনে কবিতাই ৰহণ সলাই। আধুনিকতা এটা আপেক্ষিক শব্দ। এটা সময়ত যিটো আধুনিক আন সময়ত সেয়া হৈ পৰে প্ৰচীন। আধুনিকতাৰ ধাৰণা সময় গতিশীল। ১৯৪০ চন মানৰ পৰাই অসমীয়া কবিতাৰ আকস্মিক কবিতা গতি আৰু প্ৰকৃতি সলনি হ'বলৈ লয়। এই শ্ৰেণীৰ  কবিতাই পাঠকৰ পৰা অধিক সচেতন আৰু অধ্যয়নৰ দাবী কৰে। আধুনিক কবিতা জটিল বুলি কোৱা হয় যদিও এইবোৰ কবিতাত বুদ্ধিৰ দুৱাৰেদি গৈ হৃদয়ক বিচাৰিব লগা হয়। আধুনিক কবিতাৰ বিষয়বস্তু অভিনৱত্ব, বিবিধ দৰ্শনৰ প্ৰভাৱ, ঔদ্যোগিক বিকাশৰ প্ৰভাৱ, প্ৰাচীন ঐতিহ্য আৰু মূল্যবোধৰ অপসাৰণ, প্ৰেমৰ নতুন সন্ধান, নতুন ছন্দৰ ৰীতিৰ প্ৰয়োগ আদি লক্ষণেৰে ভৰপূৰ। আধুনিক কবিতাই ছন্দৰ কোনো বান্ধোনকে যেন ল'ব নিবিচাৰে।

   কেতিয়াৰ পৰা আৰু কি কাৰণত অসমীয়া কাব্যচৰ্চাৰ পৰা ছন্দই মেলানি মাগিলে সেয়া এক কৌতুহলৰ বিষয়। মিত্ৰাক্ষৰ ছন্দৰ চৰ্চা আন আন ভাষাবোৰত একেবাৰেই লোপ পোৱা নাই, যিটো অসমীয়া কবিতাৰ ক্ষেত্ৰত দেখা পোৱা যায়। অসমীয়া কবিতাৰ বাবে এয়া শুভ লক্ষণ নহয়। ছন্দৰ মৰ্ম বুজি নোপোৱাৰ ফলতে আজিৰ তাৰিখত কবিতা চৰ্চা পানীমিঠৈ হৈ পৰিছে। কাব্যৰ ভাষাই হেৰুৱালে সংহত তথা মাৰ্জিত ৰুচিবোধ আৰু পাঠকে হেৰুৱালে মনৰ মাজত কোনোবাখিনিত ৰৈ যোৱা একোটা নৈৰ্ব্যক্তিক অনুৰণন।

   বিশেষ মনযোগ সহকাৰে অন্ত্যমিল সহ ছন্দিত পদ্য আৰু কবিতা লিখা আমাৰ শেষ কবি দুগৰাকী নৱকান্ত বৰুৱা আৰু অজিত বৰুৱা।  এনেকুৱাও পৰিলক্ষিত হোৱা দেখা যায় যে বহুতে বুজিয়েই নাপায় যে কেৱল অন্ত্যমিলেই ছন্দ নহয়। ছন্দৰ কোনো ধাৰণা নোহোৱাকৈ কেৱল অন্ত্যমিল ৰক্ষা কৰি চলিলে তাৰ পঠনে কেতিয়াবা পীড়া হে দিয়ে। এনে এটা ধাৰণায়ো অসমীয়াৰ মনত ঠাই পালে যে ছন্দ কেৱল শিশুৰ বাবে বা ধেমেলীয়া কথা-বাৰ্তাৰ বাবেহে হয়। অসমীয়া কাব্যৰ চিৰিয়াছ চৰ্চাৰ পৰা অন্ত্যমিল আৰু ছন্দ- দুয়োটাই চিৰ-বিদায় মাগিলে বুলি ক'লে ভুল কোৱা নহ’ব।

   এই ছন্দহীনতা বা ছন্দ বিদ্বেষৰ আঁৰত অসমীয়া জাতীয় জীৱন আৰু ব্যক্তি জীৱনৰো বিক্ষিপ্ততা আৰু বিচ্ছিন্নতাই ইয়াৰ কাৰণ বুলি ভাবিব পাৰি। সুস্থ গাঠনিক চৰ্চাৰ প্ৰতি অনীহা অসমীয়া মনস্তত্বৰ এক অবিচ্ছেদ্য অংগ। কৰ্মবিমুখ আৰু এলেহুৱা বুলি পৰিগণিত এই জাতিৰ মানুহে কবিতাৰ ক্ষেত্ৰতো অধ্যাৱসায় আৰু চৰ্চাৰ প্ৰতি বৈৰাগ্য প্ৰদৰ্শণ কৰিবলৈ কাৰ্পণ্য কৰা নাই। অসমীয়া আৰু বঙালী ভাষাৰ শব্দ-সম্ভাৰৰ আকৃতি প্ৰকৃতি প্ৰায় একেই। তথাপি বঙালী কবিতা আজিও বহুলাংশে ছন্দ নিৰ্ভৰ। পান (pun), অনুপ্ৰাস, ধ্বনিগত পুনৰাবৃত্তি বঙালীত তেনেই সুচল। এয়া কেৱল কবিতাৰ কথা নহয়, বঙালী ভাষাৰ সহজাত কথা বতৰাতো সি ধৰা পৰে। আধুনিক বা সাম্প্ৰতিক অসমীয়া ভাষাৰ প্ৰয়োগত সেইবোৰ একেবাৰেই চকুত নপৰে। প্ৰতিটো ভাষাৰেই কিছুমান সুকীয়া বৈশিষ্ট্য থাকে। হয়টো অসমীয়া ভাষাৰ ধ্বনিগত বৈশিষ্ট্য অলপ বেলেগ। ডাকৰ বচন, ফকৰা যোজনা- পটন্তৰ আদিৰে ভৰপুৰ গ্ৰাম্য কথিত ভাষাত ধ্বনিৰ এটা আপুৰুগীয়া মৰ্ম আজিও আছে। কেৱল আধুনিক কিম্বা নাগৰিক অসমীয়া ভাষা-প্ৰয়োগৰ বেলিকাহে ছন্দহীনতাৰ সৃষ্টি হৈছে নেকি? সম্ভৱত আধুনিক কথা-বাৰ্তাত ভাষাৰ মুল-চ্যুতি বা বিচ্ছিন্নতায়েই এই ছন্দহীনতাৰ কাৰক। 

   এয়া সত্য যে আমি অতীতলৈ ওভতি যাব নোৱাৰোঁ। সময়ৰ গতিৰ লগে লগে ভাষা সলনি হয়েই, নতুন ভিন্নমূলীয় শব্দৰ আহৰণ হ’বই। কিন্তু ভাষাৰ কালিকাটো হেৰালে সি হৈ পৰিব ছন্দ ৰহিত। কাৰণ বিদেশী মূলৰ শব্দৰেও অন্ত্যমিল সহজ-সাধ্য। কিন্তু অন্ত্যমিলেই শেষ কথা নহয়। ছন্দৰ আচল মৰ্ম ভাষাৰ মহিমাতহে বিৰাজমান আৰু ইয়াৰ অস্তিত্ব ৰক্ষা কৰাটো আমাৰ নৈতিক দায়িত্ব।

(সহায় লৈ)


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

মধ্য যুগৰ অসমৰ দুগৰাকী গৰীয়সী নাৰী

প্ৰণৱ ফুকন
নতুন দিল্লী, ফোন ঃ +৯১৮৮২৬৮০৩০৩০

অসমৰ সমাজ ব্যৱস্থাত নাৰীৰ বিশেষ মূল্য আছে; স্বাভাৱিকতে অনেক নাৰীয়ে বুৰঞ্জীৰ পাটতো নিজৰ নাম ৰাখি গৰীয়সী আখ্যা পাইছে ৷ এই লিখনিৰ জৰিয়তে আমি তেনে দুগৰাকী নাৰীলৈ শ্ৰদ্ধা যঁচাৰ প্ৰয়াস কৰিছোঁ -এগৰাকীয়ে আখ্যা পালে সতী বুলি আৰু আনগৰাকী হ’ল বীৰাংগনা ৷

(১) সতী সাধনী : বৰ্তমান অসমৰ একেবাৰে পূব তথা উত্তৰ- পূব অঞ্চলত আছিল এসময়ৰ পৰাক্ৰমী চুটিয়া ৰাজ্য ৷ বৰ্ত্তমানৰ অৰুণাচল প্ৰদেশৰ কিয়দাংশও এই ৰাজ্যৰ অন্তৰ্গত আছিল ৷ ১৫০০ চনত চুটিয়া ৰাজ্যৰ সিংহাসনত বহে ধৰ্মধ্বজপাল ওৰফে ধীৰনাৰায়ণ ৷ ১৫১৩ খ্ৰীঃত তেওঁ আহোম ৰাজ্য আক্ৰমণ কৰে; ফলত দুয়ো ৰাজ্যৰ মাজত থকা পূৰ্বৰ মিত্ৰতাৰ অৱসান ঘটে আৰু খিয়লাখিয়লি আৰম্ভ হয় ৷

ধীৰনাৰায়ণৰ এগৰাকীয়েই জীয়েক আছিল ৷ অনেক পূজা-অৰ্চনা, সেৱা-সৎকাৰ আৰু সাধনাৰ ফলত জন্ম হোৱাৰ বাবে কন্যাৰ নাম ৰখা হয় সাধনী ৷ ভাটী বয়সত ৰজাৰ এক পুত্ৰ সন্তানো জন্ম হয়, নাম ৰখা হয় সাধক নাৰায়ণ ৷ সাধনী প্ৰাপ্তবয়স্কা হোৱাত ৰজাই জীয়েকৰ বাবে যোগ্য বৰ বিচাৰি সয়ম্বৰ পাতে ৷ বহুতো ৰজা-মহাৰজা, ৰাজকোঁৱৰে এই সয়ম্বৰত ভাগ লবলৈ আহে ৷ সয়ম্বৰৰ পণ ৰখা হ’ল এটা কেৰ্কেটুৱাক শৰেৰে বিদ্ধ কৰা; যিহেতু পশুটি একে ঠাইতে নাথাকি দৌৰি ফুৰিছিল, গতিকে এজনৰ পাছত এজনকৈ সকলো পাণিপ্ৰাৰ্থীয়েই বিফল হ’ল ৷ নিতাই নামৰ এজন গৰখীয়া ল’ৰাই দূৰৰ পৰা সয়ম্বৰৰ কাৰ্য্যসূচী নিৰীক্ষণ কৰি আছিল ৷ এইবাৰ তেওঁ আগবাঢ়ি আহি তূণৰ পৰা শৰ উলিয়াই নিজৰ ধনুত জুৰি শৰ এৰি দিলে ৷ সকলোকে হতভম্ব কৰি শৰে কেৰ্কেটুৱাৰ শৰীৰ বিদ্ধ কৰিলে ৷ কোনো আপত্তি নকৰি আৰু সয়ম্বৰৰ সৰ্ত্ত অনুসৰি সাধনীয়ে নিতাইৰ ডিঙিত বৰমালা পিন্ধাই দিয়ে আৰু ধৰ্মধ্বজপালে দুয়োৰে বিয়া পাতি নিতাইক ৰাজপ্ৰাসাদলৈ আদৰি আনে ৷ ১৫২২ চনত ৰজাই ইহলীলা সম্বৰণ কৰে ৷ সাধক তেতিয়া একেবাৰে সৰু ল’ৰা ৷ গতিকে নিতাইক নিত্যপাল নাম দি সিংহাসনত বহুওৱা হয় ৷ ৰাজকীয় কোনো কামেই নিত্যপালে নাজানিছিল ৷ তদুপৰি দায়িত্বশীল পদবিলাকত নিজৰ বিশ্বাসী কিছু অদক্ষ লোকক নিয়োগ কৰে ৷

সেই সময়ত আহোম স্বৰ্গদেউ আছিল অতি পৰাক্ৰমী আৰু বুদ্ধিমত্তাৰ গৰাকী চুহুংমুঙ ৷ নিত্যপালে সামান্য সীমা বিবাদতে ১৫২৩ চনত আহোম ৰাজ্য আক্ৰমন কৰি পৰাজিত হৈ সন্ধিৰ প্ৰস্তাৱ দিলে ৷ চুহুংমুঙে জনালে যে কুবেৰ প্ৰদত্ত সম্পত্তি দিলেহে সন্ধি কৰা হ’ব ৷ চুটিয়া ৰাজ্যৰ শুভঙ্কৰ আছিল এটা সোণৰ মেকুৰী, এখন ঢাল আৰু এখন তৰোৱাল; স্বৰ্গৰ ধনৰ দেৱতা কুবেৰে এই সম্পদ চুটিয়া ৰজাক দিছিল বুলি বিশ্বাস কৰা হৈছিল ৷ চুটিয়াসকলে চুহুংমুঙৰ সৰ্ত্ত নাকচ কৰে ৷ ফলত আহোম সেনাই চুটিয়া ৰাজ্য আক্ৰমণ কৰে ৷ চুটিয়াসকল পৰাজিত হ’ল ৷
নিত্যপাল যুদ্ধত পৰিল ৷ চুটিয়া ৰাজ্যৰ ৰাজধানী শদিয়াত প্ৰশাসক হিচাপে শদিয়াখোৱা গোঁহাই নিয়োজিত কৰা হয় ৷ চুটিয়াসকল যুদ্ধত পৰাজিত হোৱাত সাধনীয়ে চন্দ্ৰগিৰি পাহাৰৰ পৰা লোহিত নৈত জপিয়াই আত্মহত্যা কৰে ৷ চুটিয়া ৰাজ্যৰ শুভঙ্কৰ সোণৰ মেকুৰীটো, ঢাল-তৰোৱাল সাধনীয়ে লগত লৈ যায় ৷ সাধনীৰ শৰীৰ আৰু সোণৰ মেকুৰীটো কেতিয়াও বিচাৰি পোৱা নগ’ল ৷ সাধনীৰ আত্মহত্যাৰ বিষয়েও মতানৈক্য আছে ৷ কোনো কোনোৱে ক’ব খোজে যে শদিয়াখোৱা গোঁহায়ে সাধনীক নিজৰ হেৰেমৰ বাবে আমন্ত্ৰণ কৰাত অপমানিত হৈ সাধনীয়ে এই পদক্ষেপ লয় ৷ যি কি নহওক, এনে বিৰল আত্মত্যাগৰ বাবে তেওঁক সতী আখ্যা দিয়া হয় ৷ সাধনীৰ আত্মত্যাগে যেন চুটিয়াসকলক এক নতুন মনোবলহে দিলে ৷ বুৰঞ্জীয়ে কয় যে সংখ্যাগত ভাৱে লঘু তথা পৰাজিত জাতি বিজয়ী জাতিৰ লগত একীভূত হৈ অনেক সময়ত নিজৰ চিনাকি হেৰুৱাই পেলায় ৷ কিন্তু চুটিয়াসকলে নিজৰ চিনাকি সম্পূৰ্ণ ৰূপে হেৰাবলৈ নিদিলে আৰু সাধনীৰ নামও উজলাই ৰাখিলে ৷ সাধনীলৈ শ্ৰদ্ধা জনাই প্ৰতি বছৰে ২৩ এপ্ৰিল তাৰিখে সতী সাধনী দিৱস পালন কৰা হয় ৷    

(২) মূলা গাভৰু : গৌড় দেশৰ সেনাপতি তুৰ্বকে এক বিশাল সেনাবাহিনী লৈ ১৫৩২ খৃষ্টাব্দত আহোম ৰাজ্য আক্ৰমণৰ উদ্দেশ্যে আগবাঢ়ি আহি শিঙ্গৰী দুৰ্গৰ বিপৰীতে ছাউনী পাতে ৷ আহোম স্বৰ্গদেউ চুহুংমুঙে নিজৰ বৰপুত্ৰ চুক্লেনৰ নেতৃত্বত সেনা পঠায় ৷ চুক্লেনে দেওধাইসকলৰ কথা উলংঘা কৰি ৰণ দিলে ৷ প্ৰথম যুদ্ধত চুক্লেন তুৰ্বকৰ হাতত পৰাজিত ও আহত হয় ৷ আহোম সেনা পিছ হুঁহকিবলৈ বাধ্য হয় ৷ পুনৰবাৰ হোৱা ৰণতো আহোম সেনা পৰাস্ত হয় ৷ এই ৰণত ফ্ৰাচেংমুং বৰগোঁহাইকে ধৰি আঠজন আহোম সেনাপতি নিপাতিত হয় ৷ ফ্ৰাচেংমুং বৰগোহাঁইৰ মৃত্যুৰ বাতৰি পত্নী মূলা গাভৰুৱে পায় সাত দিন পাছতহে ৷ স্বামীৰ নিধনৰ বাবে মূলা গাভৰুৱে নিজকে জগৰীয়া কৰিলে কাৰণ আহোম সম্প্ৰদায়ৰ বিশ্বাস যে যুঁজলৈ যোৱা স্বামীক পত্নীয়ে একে ৰাতিতে কবচ কাপোৰ বৈ পিন্ধাই পঠালে স্বামী বিপদমুক্ত হয় ৷ কিন্ত স্বামীৰ বিদায় বেলিকা ৰজঃস্বলা অৱস্থাৰ বাবে মূলা গাভৰুৱে কবচ- কাপোৰ বৈ দিব নোৱাৰিলে ৷ স্বামীৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ মূলা গাভৰু নিজেই ওলাল; লগত ওলাল আৰু কেইগৰাকীমান নাৰী- মুহিলা, জয়ন্তী, পমিলা, ললিতা আৰু অনেক ৷ 

স্বৰ্গদেউৰ অনুমতি লৈ মূলা গাভৰু কঁকালত টঙালি বান্ধি ওলাল ৷ ঘোঁৰাত উঠি তেওঁ ৰণক্ষেত্ৰত উপস্থিত হয়; লগত নাৰী বাহিনী ৷ তেওঁলোককক দেখি আহোম সেনাই মনোবল ঘূৰাই পালে আৰু পুনৰ যুঁজিবলৈ সাজু হয় ৷ স্বৰ্গদেউৰ মাহীমাকৰ পুত্ৰ কনচেং বৰপাত্ৰ গোঁহাইৰ সেনাপতিত্বত নতুন উদ্যমেৰে আহোম সেনা ৰণত জপিয়াই পৰিল আৰু তুৰ্বকৰ সেনাক পিছ হুঁহকাবলৈ সক্ষম হয় ৷ মূলা গাভৰুৱে অসীম সাহসেৰে যুজি বিপক্ষৰ সেনাক কচুকটা দিয়ে ৷ এইবাৰ তেওঁ তুৰ্বকৰ লগত সমুখ সমৰত লিপ্ত হ’বলৈ আগবাঢ়ি গ’ল আৰু তুৰ্বকৰ সুৰক্ষা বেষ্টনী ভাঙি তুৰ্বকৰ লগত যু্ঁজ দিলে ৷ তুৰ্বকৰ প্ৰাণ ৰক্ষা কৰিবলৈ এজন সহকাৰীয়ে মূলা গাভৰুক পাছফালৰ পৰা যাঠীৰে আঘাট কৰি হত্যা কৰে ৷ মূলা গাভৰুৰ মৃত্যুৱে আহোম সেনাৰ মনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু দুগুণ উদ্যমেৰে ৰণস্থলী কঁপাই তোলে ৷ ১৫৩৩ চনৰ মাৰ্চ মাহত হোৱা দুইমুনিশিলাৰ* নৌযুদ্ধত আহোমসকলে জয়লাভ কৰে ৷ এনে অৱস্থাতে হুচেইন খান নামৰ এজন সেনাপতিয়ে বহু সংখ্যক সৈনিকেৰে আহি মুছলমান বাহিনীৰ শক্তি বৃদ্ধি কৰে ৷ তত্ৰাচ ভৰলী নৈৰ পাৰত হোৱা যুদ্ধত হুছেইন খান ৰণত পৰে আৰু কনচেঙে নিজ হাতে তুৰ্বকৰ মুৰটো কাটি পেলায় ৷ গৌড়ৰ সেনাক আহোম সেনাই উত্তৰ বঙ্গৰ কৰতোৱা নদীৰ পাৰলৈকে খেদি লৈ যায় আৰু নদীত হেংদাং ধুই বিজয়ৰ চিন ৰূপে নদীৰ পাৰত পুখুৰী খন্দায় আৰু মন্দিৰ নিৰ্মাণ কৰায়; লগত আনে অনেক অস্ত্ৰ-শস্ত্ৰ, হাতী-ঘোঁৰা আৰু মূলা গাভৰুৰ বীৰত্বৰ কাহিনী ৷ এনে অসীম সাহসৰে যুঁজাৰ বাবে মূলা গাভৰুক অসমৰ “জোৱান অফ আৰ্ক” বোলা হয় আৰু “বীৰাংগনা” মূলা গাভৰু নামেৰে সন্মানিত কৰা হয় ৷  

*দুই মুনি শিলা হ’ল কলিয়াবৰৰ কাষত ব্ৰহ্মপুত্ৰ নদীত থকা দুটা প্ৰকাণ্ড শিল ৷ জনবিশ্বাস মতে ইয়াতে কুমুদ আৰু কৌস্তুভ নামৰ দুজন মুনি শাপগ্ৰস্ত হৈ শিল হৈ আজিও পৰি আছে ৷


পৃষ্ঠা ৮
চুটি গল্পঃ

আপোন পৰ

ৰূপালীম মহন্ত
বেংগালুৰু, কৰ্ণাটকা, ৯৯০২৭৮৭৭২২

"তৰু, অ' তৰু, ক'ত সোমাই আছা হয়নে?"

শাহুৱেকৰ কৰ্কশ মাতত তৰালী উচপ খাই উঠিল।

কেতিয়ানো চকুহাল মুদ খাই আহিছিল তাই ক'বই নোৱাৰিলে। যোৱা তিনি ৰাতি তাইৰ টোপনি খতি... আজি অফিচৰ ডাঙৰ চেমিনাৰ এখনত তাইৰ এটা বিয়াগোম চেশ্যন আছিল... তাৰেই প্ৰেজেণ্টেশ্যন ৰেডি কৰাত তাই দিন-ৰাতি ব্যস্ত। তাতে এসপ্তাহ ধৰি শাহুৱেক আছেহি বুলি ঘৰুৱা কামবন, ৰন্ধা-বঢ়াও বাহুল্য হৈছে।

বিয়াৰ পিছত এই প্ৰথম শাহুৱেক আহিছে যোৰহাটৰ পৰা সুদূৰ দিল্লীৰ সিহঁতৰ ঘৰখনলৈ। মুঠতে এই কেইদিন তৰালীৰ মৰিবলৈও সময়কণ নাই।

আজিৰ দিনটোও তাইৰ বেছ খাটনি গ'ল। চেমিনাৰ শেষ কৰি বিভাগটোৰ জুনিয়ৰবোৰক পেণ্ডিঙ কামবোৰ ভগাই দি তাই ঘৰলৈ ঢপলিয়াই আহিছিল... এই মাত্ৰ মুখ-হাত ধুই অৱশ শৰীৰটো বিচনাত ঢপহকৈ পেলাই দিছিলহি। বিচনাখনৰ একাষে বাগৰ দি থকা স্বামী অতনুক ভালকৈ মাত এষাৰ দিবলৈও তাইৰ শক্তি নহ'ল।

অতনু আজি অফিচৰ পৰা সোনকালেই উভতিছিল... প্ৰায়েই সি কাম-বন কৰি গধূলিৰ আগতেই আজৰি হয়। তৰালীৰহে ভীষণ প্ৰেচাৰৰ জব।

"তৰু, ইমানকৈ মাতিছোঁ, ক'ত গ'লানো?' এইবাৰ শাহুৱেক তাইৰ ৰূমলৈকে সোমাই আহিল।

তৰালী ধৰমৰাই বিচনাৰ পৰা উঠি দোষী দোষী অথচ ভাগৰুৱা মাতেৰে কৈ উঠিল,

"কওকচোন মা..."

"চাহ একাপ বনাই দিয়াচোন। অথনিয়েই অতনুৰ লগত একাপ খাইছিলোঁ... বৰকৈ মন গৈ আছে। তুমি আহিলে আকৌ খাম বুলি ভাবি আছিলোঁ। কিন্তু তুমি ইমান দেৰি কৰিলা, চাহলৈ ৰৈ ৰৈ আমনিয়েই লাগিল।"

এইবাৰ মোবাইল পিটিকি থকা অতনু গিৰিসকৈ উঠি পৰিল,

"মই বনাই দিওঁ ৰবা মা... তৰু তোমালৈও বনাও চাহ...  লগত পকৰি কেইটামান খাবা নে দুইজনীয়ে?"

তৰালীয়ে মুখেৰে মাতিবলৈ নেপালেই, শাহুৱেকে টপককৈ উত্তৰ দিলে,

"আইঔ মোৰ সোনপৰুৱাটো, তই দিনটো অফিচ খাটি ঘৰ সোমাইছহি... নেলাগে বাখৰ মোক চাহ বনাই দি কষ্ট কৰিবলৈ। তৰু আছে নহয়... তুমিয়েই বনাই দিয়া তৰু, ই অকণমান ৰেষ্ট লওক।"

অতনু বিৰক্ত হ'ল।

"কি কথা কোৱা মা, তৰুচোন মোতকৈ দেৰিকৈহে ঘৰ সোমাইছেহি। তাইৰ খাটনি মোতকৈ বহুত বেছি... লগতে তাইচোন ঘৰৰ কামো কৰে... তাইকহে ৰেষ্টৰ প্ৰয়োজন, নহয় জানো?"

"কিন্তু তাই বোৱাৰীজনী থাকোতে তই হাত পুৰিব কিয় লাগে?"

"হাত পুৰিব কিয়? বিয়াৰ আগতে জানো মই অকলে ৰন্ধা বঢ়া কৰি খোৱা নাছিলোঁ? এতিয়াও ৰান্ধোঁ, আৰু ঘৰৰ কামো আমি মিলি জুলি কৰোঁ। এই কেইদিন তুমি আছা বুলি হে মই কামত হাত দিয়া নাই...তৰুৱেও বাধা দিছে।

আৰু অথনি মই অফিচৰ পৰা ভাগৰে জুগৰে অহাৰ পাছত তুমি চাহকাপ যে কৰি দিলা... কিমান ভাল লাগিল। এতিয়া ভাগৰুৱা তৰুকো তুমি বা মই চাহ একাপ খুৱালে তাইৰ কষ্টখিনি লাঘৱ নহ'ব জানো?"

তৰালীৰ শাহুৱেকে এইবাৰ একো উত্তৰ নিদিলে। সৰুতে ভুল কৰিলে অতনুক তেওঁ যেনেকৈ শুধৰাই দিছিল, আজি সেই ল'ৰা ডাঙৰ হৈ তেওঁক বুজাব পৰাকৈ বুজন হ'ল। তেওঁৰ ভুলখিনি আঙুলিয়াই দেখুৱাব পৰা হ'ল।

অজানিতে বোৱাৰী বুলিয়েই তৰালীৰ দুখ কষ্টখিনিক উপেক্ষা কৰা নিজৰ ঠেক মানসিকতাখিনি বুজিব পাৰি তেওঁৰ বহুত দুখ লাগিল। ছিঃ...পৰৰ ঘৰৰ ছোৱালী তৰালীয়ে তেওঁক চাগৈ কি বুলি ভাবিব এতিয়া!

তৰালীৰ পৰিবেশটো অকণো ভাল নালাগিল। তাই এইবাৰ অকণ ফুৰ্তিবাজ সুৰত কৈ উঠিল,

"সেইবোৰ বাদ দিয়ক এতিয়া। বলক মা, আমি ডাইনিঙত বহি পিয়াজ ধনীয়াখিনিকে কুটি দিওঁ... এওঁ চাহ পকৰি বনাই আমাক খুৱাওক।"

শাহুৱেকৰ মুখখন এইবাৰ উজলি উঠিল। বোৱাৰী তেন্তে আপোনেই, পৰ নহয়।

তৰালী আৰু অতনুৰ মনবোৰো ফৰকাল হ'ল।



পৃষ্ঠা ৯
ধাৰাবাহিক উপন্যাসঃ

অভিশ্ৰুতি

চয়নিকা বৰুৱা
যোৰহাট, ভ্ৰাম্য ঃ 9706269100


(খণ্ড ১৩)

•কিহ.......

•অ...তাৰ ফোনতো সি ঘৰত থৈ গ'ল..কিবা বিশেষ কামত ডিব্ৰুগড় গ'ল...লৰালৰিতে ফোনতো নিবলৈ পাহৰিলে..তাতে ফোনতো Silent হৈ থাকিল।সেয়েহে মামীয়েকেও গম নাপায় ফোন কৰা।হ'ব দে তই চিন্তা কৰি নাথাকিবি...সি তোলে ঘৰ আহি ফোন কৰিব।

•Oky....

( চাওঁতে চাওঁতে পশ্চিমৰ দিশত বেলি ডুব গ'ল।আনদিনাৰ দৰেই গোঁসাই চাকি দি...চাহ খায়...ৰাতিৰ ভাতসাজৰ কাৰণে যোগাৰ কৰিলো।ভাত খায় শুবলৈ আহিছোহে..এনেতে আহিল নহয় ফোন ...অলপ সময়ৰ পাছত মই ফোনতো ৰিচিভ কৰিলো...)

•Hello.....

•Hello.....

(চাউতকে এজাক বতাহে মোৰ গালখন চুই গ'ল..চুলিবোৰও জপৰা-জাপৰ হৈ গ'ল....।আস...কি ভাল লাগিছে।তাতে ফোনতো তেওঁ কৰিছে...ভাললগা বোৰ আৰু বেছি ভাল লগা হৈ পৰিছে...।কিন্তু.........কিন্তু মোৰ চকুযোৰ যেন ৰৈ নাথাকিল।বহুত সময়ৰ পাছতে তেওঁৰ মাতষাৰ শুনা পালত অহৰহ চকুপানী বৈ আহিল।....)

•কি হ'ল...miss ??? তুমি কান্দিছা???

( তেওঁ কেনেকে গ'ম পালে মই কান্দিছো বুলি...?)

•ওহো...নাই....নাই কন্দা..
(তপৰকে মিছাকথা এটা কৈ দিলো)

•মিছা নকবা। তুমি কি ভাবিছা তোমাক দেখি থকা নাই কাৰণে তোমাৰ চকুপানীৰ কথাও মই গম নাপাম??হা.....miss srutishna..কোৱা?তেনেকে ভাবিছা নি????যদি ভাবিছা তেন্তে একদম ভুল ধাৰণা তোমাৰ...miss....
.....আৰু সেয়া কিয় জানানে ?

•ওহো....নাজানো....কিয়????

•কাৰণ মই তোমাৰ হৃদয়ত লুকাই থকা কথাও গম পাওঁ বুজিলা...?? তোমাৰ হৃদয়ৰ প্ৰতিটো ভাবনা মই দেখা পাওঁ..অনুভৱ কৰো???? কাৰণ....

•কাৰণ ????

•কাৰণ অভিশ্ৰুত মগ্ন শ্ৰুতিস্নাৰ প্ৰেমত।

•Good Night.
.....টুত টুত......

( কথাতো কোনো নতুন নহয়...কিন্তু তেওঁ যেনেদৰে ক'লে মোৰ লাজেই লাগিল।আৰু তেওঁৰ লগত ফোনত কথা পাতোতে লাজতে মই কি কৰো সেইকথা আপোনালোকে ভালদৰে গম পায়েই।হুহু হুহু..আনদিনাৰ দৰে ফোনতো কাটি দিলো..। তাৰ পাছত আৰু এখন্তেকো অপেক্ষা নকৰি নিদ্ৰা দেৱীৰ কোলাত মগ্ন বিভূষিতা হৈ শুই পৰিলো।)

......টিকটিকটিক..টিকটিকটিক...

(মোবাইলৰ এলাৰ্মৰ মাতত সাৰ পালো।ৰাতিপুৱা ৫ বাজিচে।ভন্টিৰ বাদে ঘৰৰ সকলোৱেই উঠি ঘৰৰ কাম কাজত লাগিল।দাদাও ৰাতিপুৱাই আহিল।ডাঙৰ মাহীও আহিল মহাৰ লগত।জেঠাই দাদাৰ লগতে আহিল।মইও পলম নকৰি মুখ ধুই..গাখীৰগিলাচ খায় লৈ গা-ধুই আহোতেই...)

•আৰে পেহী....তুমি কেতিয়া আহিলা???আৰু পেহা আহিছেনে?প্ৰিন্সি নাহে নি????
(প্ৰিন্সি পেহীৰ ছোৱালীজনীৰ নাম..বয়সত ১ বছৰ মোতকে সৰু..কিন্তু আমি বান্ধৱীৰ নিচিনা..)

•মই অহা বেছি সময় হোৱা নাই।পেহা তোমাৰ দেউতাৰ লগত বজাৰ গৈছে।এই আজি নাহে পাছত আহিব।তুমি যোৱা সোনকালে সাজুহোৱাগে।ল'ৰা ঘৰৰ মানুহ আহিবই এতিয়া তামোল-পাণ পেলাবলে।

(পেহীৰ কথামতে মই সাজু হ'বলৈ আহিলো।সাজু হৈ ফোনতো হাতত লওঁতেই তেওঁ Call কৰিলেই।কিন্তু এইবাৰ Video Call কৰিছে।কি বুলি ৰিচিভ কৰিম বুলি ভাবি আছো।অৱশেষত ৰিচিভ কৰিলো...)

•আস....ইমান মৰম লাগিছে আজি তোমাক miss......

•আপুনি Video call কৰিলে যে?

•কিয় নাপায় নি কৰিবলে।

•নহয় মানে পায়। কিন্তু....

•কিন্তু...বুলি ৰৈ গ'লা যে..কিন্তু কি???

•মোৰ লাজ লাগিছে।

•কিহ......হাহা...হাহা...হাহা...হাহা।তুমি কিন্তু মানুহ মাৰি দিবা দেই miss...

•ওহহহহহ...তেনেকে কিয় কৈছে?মই কিবা ডকাইত নি মানুহ মাৰিবলে?

•আস...সা মই ডকাইত বুলি কোৱা নাই নহয় তোমাক।কথাতোহে কৈছো।....বাৰু এইবোৰ বাদ দিয়া।আমাৰ ইয়াৰ মানুহবোৰ কিন্তু গ'ল ইয়াৰ পৰা।

•আৰু আপুনি???আপুনি নাহে ???

•কিয় মই গ'লে ভালপাবা নি??

•মোৰ প্ৰশ্নৰ উত্তৰ সেইটো নহয়।

•আগতে মোৰ প্ৰশ্নটোৰ উত্তৰ দি লোৱা miss

•প্ৰশ্ন আগতে মই হে সুধিছো।আপুনি দিয়ক উত্তৰ।

•Oky.....তেন্তে শুনা.....
......ওম..........ওম.........

•কি ওম..ওম...কৈ আছে?নকয় কিয় সোনকালে?

•...হাহা...হাহা.....Oky Oky..কৈছো শুনা.....
......মই.......

•সি আহিব নোৱাৰে অ....

আগলৈ..........


পৃষ্ঠা ১০

এই বাটেদি ৰাধা যমুনালৈ যায়

শিৱানী বৰা, গুৱাহাটী
দূৰভাষ-৭০০২৫৬৪৮৪৪

তিনি


কুকুৰাৰ ডাকতে মানুহজনীয়ে খৰ খেদাকৈ উঠি বাহি চোতালখন সাৰি কুঁৱাৰ পৰা পানী এবাল্টি তুলি গাটো পখালিলে। বুকুত মেথনি মৰা ভাগেৰেই ভিতৰলৈ আহিল।  লৰালৰিকৈ কাপোৰ সাজ পিন্ধি পাকঘৰৰ এচুকত থকা বেৰতে ওলোমাই থোৱা গৰু এটাৰ গাত আঁউজি আপোন মনে বাঁহী বজাই থকা ৰাধা কৃষ্ণৰ ফটোখনৰ তলত এগচি চাকি জ্বলালে। তাৰপিছত  চৌকাত জুই দিলে। ক'লা ৰঙৰ ডাঙৰ ডেকচিটোত এক ডেকচি পানী ভৰাই থৈ ঘটিটো হাতত লৈ গোহালিলৈ গ'ল। 

নতুন পোৱালি। কিমান দেৰি ভোকত থাকিবনো?? গোহালিত বেৰি থোৱা ঠাইৰ পৰা কনমানি ৰঙামুৱা পোৱালিটিক কোলাত তুলি বাহিৰলৈ আনি মাকৰ উহাৰত মুখখন লগাই এপিয়ন খাবলৈ দিলে। অকনমান খোৱাৰ পিছতে তাক আকৌ জেগাত বান্ধি থৈ আহি গাখীৰ খিৰাবলৈ ধৰিলে। ঘটিটো ভৰ্তিকৈ খীৰাই পোৱালিটো মুকলি কৰি পাকঘৰলৈ আহিলে। এতিয়ালৈকে কোনো উঠাই নাই ঘৰত। 

গাখীৰখিনি উতলাই তাঁৰ লগোৱা গিলাচটোত ভৰাই পাকঘৰৰ বেৰখনৰ নিৰ্দিষ্ট ঠাই টুকুৰাত ওলোমাই থোৱা হাকোঁটা ডালত ওলোমাই থৈ এইবাৰ সান্দহ গুৰিৰ মিঠৈ বনাবলৈ মিহি মিহিকৈ গুৰ কুটিবলৈ ধৰিলে। ধনটিয়ে আকৌ বৰ ভাল পায় সান্দহ গুৰি মিঠৈ। সৰু ছোৱালীয়ে আকৌ শুকান পিঠা গুৰিৰে বনোৱা নিমখীয়া পিঠা। ল'ৰালৰিকৈ মিঠৈ আৰু পিঠাকেইখন মান বনাই আজৰি হৈ চাকনী এখনত চাহপাত অকন লৈ তলত বাটিটো পাতি ডেকচিৰ উতলা পানী অকন বাকী চাহ এটোপা কৰি গুৰ এচকল লৈ আপোনমনে খাবলৈ বহিল। গাখীৰ চাহকণ গোটেই কেইটা উঠিলে একেলগে খাম বুলি ভাবিলে মানুহজনীয়ে।

এই ৰাতিপুৱাৰ সময় কণ বৰ ল'ৰালৰি হয়। ভাত বনোৱা, ইহঁতকেইটালৈ টিফিনৰ কাৰণে ৰুটি বনোৱা,  গৰুলৈ দানা বনোৱা, গৰুকেইটা এৰাল দি গোহালি চাফা কৰা আদি বহুত কাম। ইহঁতকেইটা ওলাই যোৱাৰ পিছত অকনমান আজৰি পায় । কিন্তু তাঁতখন লগোৱাৰ পৰা সেইকণ সময়ো নাইকীয়া হ'ল। 

: অ' বাইদেউ আপুনি উঠি আৰামত চাহ খাই আছে দেখোন।

              ভাই বোৱাৰী মিনতিৰ মাতষাৰ শুনি ঘূৰি চালে তেওঁ। মিচিকীয়া হাঁহি এটা মাৰি ক'লে-

: খাবা নেকি লাল চাহ এটোপা? 
: দিয়ক একাপ তেন্তে। মোৰ আকৌ আজি বহুত কাপোৰ ধুবলৈ আছে। আপুনি পাচলি কুটি দিলেই হ'ব মই আহি বনামহি। 
: পাকঘৰৰ চিন্তা কৰিব নালাগে। তুমি তোমাৰ কাম খিনি কৰি লোৱাগৈ যোৱা। 

           মিনতিক চাহ কাপ খুৱাই এইবাৰ মানুহজনী ভাতত লাগিলগৈ। ধনটিয়ে আকৌ চাহ খাই চিধা ভাতেই খায়। তাৰ পিছতহে গা ধুবলৈ যায়।

(আগলৈ)


পৃষ্ঠা ১১

অণুগল্পঃ

দুৰ্ভাগ্য

কেইটামান টকাৰ খুবেই প্ৰয়োজন সংস্কৃতিৰ । সেইটো ভাৱি ভাৱি বাচখনৰ পৰা নামি ৰাষ্টাতো পাৰ হ'বলৈ লঁওতেই এটা পাঁচশ টকীয়া নোটত চকু পৰিল তাইৰ । কিন্তু দুৰ্ভাগ্যজনক , এজন পংগু মানুহে পেং জোৰৰ সহায়ত সেই নোটটোৰ ফালে কোবাকোবিকৈ অহা দেই সংস্কৃতিয়ে ততাতৈয়াকৈ নোটটো মানুহজনৰ হাতত তুলি দিলে । মনটো ক্ষণিকৰ বাবে ভাল লাগি গ'ল তাইৰ  । হওঁক মানুহজনে অলপ হ'লেও সকাহ পাব । মনতে ভাৱিলে তাই মানুহে এনেই নকয় দুৰ্ভগীয়াৰ হাঁহ কণীটো কুহুম নাথাকে ।

পূৰ্ণিমা বৰুৱা
জাঁজী (জামুগুৰি)


পৃষ্ঠা ১২
বিশেষ লেখাঃ

নাৰী দিৱসৰ তাৎপৰ্য আৰু মনৰ অনুভৱ

শ্ৰী ৰূপাঞ্জলী কটকী
জাঁজী, জামুগুৰি

মাৰ্চ মাহটো বিশেষ তাৎপৰ্য পূৰ্ণ কিয়নো ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ নাৰীৰ নিজা অধিকাৰ আৰু মৰ্যাদা সম্পৰ্কে সজাগ হ’বৰ বাবেই উক্ত দিৱসে দিয়ে প্ৰেৰণা ৷ নাৰীৰ কল্যাণৰ বাবে পালন কৰা এই দিৱসত প্ৰতিফলিত হয় নাৰীৰ কৃতিত্ব, ত্যাগ অৱদান ৷সৃষ্টিকৰ্তাৰ অনুপম সৃষ্টি নাৰী ৷নাৰী অবিহনে অসম্ভৱ সৃষ্টি গতিকে নাৰীৰ বাবে এটা দিনেই নহয়  প্ৰতিটো দিনেই উল্লেখযোগ্য, কৰণীয় ৷নাৰী সুৰক্ষা আৰু কল্যাণৰ বাবে অনেক সভা সমিতি শ্লোগান কিন্তু তথাপিও বৰ্তমান নাৰী সুৰক্ষিত বুলি ক’ব নোৱাৰি ৷কন্যা ভ্ৰুণ হত্যা নাবালিকা ধৰ্ষণ ,যৌতুক কেন্দ্ৰিক ঘটনাৰ পৰা আৰম্ভ কৰি নাৰী নিৰ্যাতনৰ অলেখ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰে  ৷
প্ৰগতিৰ মূলমন্ত্ৰ শিক্ষা গতিকে শিক্ষা ,চাকৰি ,সংৰক্ষণ এই বিষয় কেইটাত গুৰুত্ব দিব লাগিব  ৷ নাৰীৰ অৰ্থনৈতিক দিশটো সবল  হ’ব লাগিব  সেয়ে প্ৰতিগৰাকী নাৰী আত্মনিৰ্ভৰশীল হ’ব লাগিব কেৱল চৰকাৰী চাকৰি কৰিয়েই নহয় ৷
আত্মনিৰ্ভৰশীলতাই আত্মপ্ৰতিষ্ঠিত কৰা লগতে আত্মবিশ্বাস বঢ়াই প্ৰত্যাহ্বান নেওচি সৎ সাহসেৰে জীৱন যুঁজত সফল হ’ব পাৰে ৷ এসময়ত নাৰী ওৰণিৰ তলত ৰক্ষণশীল নীতিৰ মেৰপাকত গৃহিণী ৰূপে গৃহতে বন্দী হৈ থাকিব লগীয়া হৈছিল ৷ বিশেষকৈ যৌথপৰিয়াল বিলাকত নাৰী গৰাকীৰ সুস্বাস্থ্য আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত বহুত কম গুৰুত্ব আছিল ৷বৰ্তমান নাৰী সবলীকৰণত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে ৷ শিক্ষা, সাহিত্য ,সংস্কৃতি, ৰাজনীতি,সমাজ ,অৰ্থনীতি সকলো ক্ষেত্ৰতে আগুৱাই যাবলৈ সক্ষম হৈছে ৷
চৰকাৰেও বিভিন্ন আঁচনি ৰূপায়ণ কৰি নাৰীসকল আগবাঢ়ি যোৱাত অৰিহণা যোগাইছে সেয়া যেন শুভবাৰ্ত্তা নাৰী সমাজৰ বাবে ৷ সুস্থ সবল নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত নাৰী পুৰুষ সমানে দায়বদ্ধ ৷নাৰী আৰু পুৰুষৰ মাজত বিভেদ দূৰ কৰিব লাগিব ,সমঅধিকাৰ গুৰুত্বপূৰ্ণ ৷ সমাজত বৰ্তি থকা অন্ধবিশ্বাস,কুসংস্কাৰ আদিৰ বিৰুদ্ধে যুঁজ দিব লাগিব  ৷ বিশ্বায়নৰ যুগতো কিছুমান ভ্ৰান্ত ধাৰণাৰ পৰা সমাজ মুক্ত হোৱা নাই বিশেষকৈ নাৰীয়ে নাৰীৰ বৈৰী হোৱা দেখা যায় ৷ মহিলা গোট,সংগঠন আদিয়ে সেইবিলাক দূৰ কৰিবলৈ বিৰুদ্ধে যুঁজিবলৈ নেতৃত্ব ল’ব পৰা শক্তি আহৰণ কৰিব লাগিব সেয়ে নাৰী দিৱসত সংকল্প বদ্ধ হোৱা উচিত একগোট হৈ আগুৱাই যোৱাৰ সুস্থ চিন্তাই সুস্থ সমাজ গঢ়ে ৷
কন্যা শিশু,নাৰী উন্নতি হ’লেহে দিৱসৰ তাৎপৰ্য ৰক্ষা হ’ব ৷ নাৰী দিৱস পালনে নাৰী সকলক দিছে এখন সুন্দৰ মঞ্চ য’ত নাৰী সকলে পাইছে আত্মপ্ৰকাশৰ স্বাধীনতা ৷ শিক্ষা,সাহিত্য,সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিছে মন ৷ সামাজিক মনৰ বিকাশ হ’লেহে নিকা হ’ব সমাজ ৷ নাৰীক কৰা অসন্মানৰ যথাযোগ্য প্ৰত্যুত্তৰ আজি নাৰীয়ে দিব লাগিব সেয়ে শিক্ষা ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আত্মসচেতন হ’ব লাগিব ৷চাকৰি কৰা বা নকৰা প্ৰতিগৰাকী নাৰীৰ লগত গাৰ ছাঁ দৰে লাগি থাকে সন্তান,স্বামী আৰু ঘৰখন গতিকে ঘৰখন সুন্দৰকৈ পৰিচালনা কৰা ক্ষেত্ৰত নাৰী গৰাকীৰ ত্যাগ অতুল্য ৷
পৰিয়াল গঢ় লয় পুৰুষ নাৰীৰ উমৈহতীয়া প্ৰচেষ্টাত,পৰিয়াল পৰা সমাজ,সমাজৰ পৰা দেশ  পুত্ৰসন্তান আৰু কন্যা সন্তানৰ প্ৰতি সমভাবাপন্ন হ’ব লাগে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এষাৰ মহান বাণী উল্লেখ কৰিছিল যে “তিৰিয়ে পুৰুষে হৈব একমতি তেবেসে সিজিব হৰিত ভকতি” ৷২০১১ চনৰ নাৰী দিৱসৰ শ্লোগান আছিল ..সকলো নাৰীকে সম মৰ্যাদা সকলোৰে বাবে সমান শিক্ষা,প্ৰশিক্ষণ আৰু বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ যিয়ে নাৰীৰ বাবে সৃষ্টি কৰিব সততাৰে ভৰা কৰ্মক্ষেত্ৰ ৷গাওঁ,নগৰ আদি পিছপৰা অঞ্চল বিলাকত থকা মহিলা সকলক সজাগ কৰি সকলো ক্ষেত্ৰত আগুৱাই নিবৰ বাবেই নাৰী দিৱসৰ বিশেষ প্ৰয়োজন আছে ৷বিজ্ঞান মানসিকতাৰে বিচাৰ বিশ্লেষণ কৰি গঠন মূলক দৃষ্টিভঙ্গীৰে ইতিবাচক চিন্তাৰে এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে প্ৰতিগৰাকী নাৰী স্বনিৰ্ভৰশীল হৈ ব্যক্তিত্ব ৰক্ষা কৰি শিক্ষিত নাৰীৰ পৰিচয় দিবলৈ সংকল্পবদ্ধ হোৱাটোৱে একান্ত কামনা৷ শেষত প্ৰতিগৰাকী নাৰীলৈ আন্তৰিক শুভকামনা জনাই এটা ভাল লগা মহৎ বাণী উল্লেখ কৰিলো   “যদি কেতিয়াবা মানৱ সমাজৰ কল্যাণৰ স্বাৰ্থত বিশ্বৰ সকলো নাৰী একগোট হয়  তেতিয়া এনে এক শক্তিৰ ৰূপ ল’ব যিটো বিশ্বই কোনো দিনে কল্পনাও কৰিব পৰা নাই ” 


পৃষ্ঠা ১৩

অনুবাদ কবিতা ঃ

সময়েও কৰিছে সন্ধান

(মূল - হিন্দী তূ চল )

অনুবাদ:
প্রাণকৃষ্ণ গোস্বামী
ফোন-৭০০২৪০৯৬৫৫

তই নিজকে বিছাৰি ওলা   কিয় বাৰু তই হৈছ হতাশ  আগবাহ তই , তোৰ অস্তিত্বক
সময়েও কৰিছে সন্ধান সময়েও কৰিছে সন্ধান ।
তোৰ এই সিকলিৰ বান্ধোন
নাভাবিবি তই গাৰ চাদৰ বুলি
তোৰ এই সিকলিৰ বান্ধোন
নাভাবিবি তই গাৰ চাদৰ বুলি
এই লোহাৰ শিকলি গলাই
সাজি ল তই মাৰণাস্ত আজি
সাজি ল তই মাৰণাস্ত আজি
তই নিজকে বিছাৰি ওলা   কিয় বাৰু তই হৈছ হতাশ  আগবাহ তই , তোৰ অস্তিত্বক
সময়েও কৰিছে সন্ধান সময়েও কৰিছে সন্ধান ।
চৰিত্ৰ যেতিয়া পবিত্ৰ হয়,তেন্তে আজি কিয় তোৰ এই দশা পাপিষ্ঠহ'তৰ নাই অধিকাৰ যে সিহঁতে  ল'ব তোৰ পৰীক্ষা   যে সিহঁতে  ল'ব তোৰ পৰীক্ষা
তই নিজকে বিছাৰি ওলা   কিয় বাৰু তই হৈছ হতাশ  আগবাহ তই , তোৰ অস্তিত্বক
সময়েও কৰিছে সন্ধান
জ্বলাই ভস্ম কৰি দে আজি
সেই ক্ৰৰতাৰ জাল তই
জ্বলাই ভস্ম কৰি দে আজি
সেই ক্ৰৰতাৰ জাল তই
তই আৰতিৰ দীপক নহয়
ক্ৰোধৰ হে তই লেলিহান জুই
তই নিজকে বিছাৰি ওলা   কিয় বাৰু তই হৈছ হতাশ  আগবাহ তই , তোৰ অস্তিত্বক
সময়েও কৰিছে সন্ধান
চাদৰ উৰুৱাই বনা তই ধ্বজা
গগণো যে হ'ব কম্পমাপ  চাদৰ উৰুৱাই বনা তই ধ্বজা
গগণো যে হ'ব কম্পমান
যদিহে চাদৰ খহিবলৈ হয়  আহিব ভূঁইকঁপ কৰি ত্ৰস্তমান  আহিব ভূঁইকঁপ কৰি ত্ৰস্তমান
তই নিজকে বিছাৰি ওলা   কিয় বাৰু তই হৈছ হতাশ  আগবাহ তই , তোৰ অস্তিত্বক
সময়েও কৰিছে সন্ধান সময়েও কৰিছে সন্ধান ।


পৃষ্ঠা ১৪

মহাকাব্যৰ উপেক্ষিতা

তুমি এক অসামান্যা ৰমণী, 
কৌৰৱ্য দুহিতা, তুমি উলূপী।
ৰই গ'লা বিস্মৃতিৰ অন্তৰালত,
লোকচক্ষুৰ অগোচৰ গঙ্গা গৰ্ভত।
মুক্তি প্ৰাৰ্থনা কৰিছিলা,
অকাল বৈধ্যবৰ যাতনাৰ পৰা, 
কুন্তী নন্দন অৰ্জুনৰ ওচৰত ।
তুমিয়ে সেই উদ্ভিন্নযৌবনা,
অৰ্জুন পৰিত্যক্তা,
একক মাতৃত্বৰ তুমি আদি ৰমণী,
ইৰাবনৰ জননী ।
তুমি সেই গৰবিনী নাৰী,
নাই যাৰ কোনো পৰিতাপ,
ত্যাগ তুমি কৰিছিলা শৰীৰৰ তাপ উত্তাপ,
কটাইছিলা দীৰ্ঘকাল পিতৃগৃহ নদী গৰ্ভত,
কৰিলা যতনে পালন ৰত্নসম পুত্র ইৰাবনক একক মাতৃত্বত ।
শিক্ষা শৌৰ্যৰে গঢ়িলা পিতৃসম কৰি,
বীৰ শ্রেষ্ঠ অৰ্জুন তনয়ক।
অষ্টাদশ দিন ব্যাপি প্ৰবল সমৰত,
চতুৰ্দিশ হল প্ৰকম্পিত নিজ শৌৰ্যত,
মাতৃ উলূপীৰ বক্ষ শূণ্য কৰি, 
কৰিলে গমন  অমৃত লোকত।

অৱশেষত যুদ্ধ হল শেষ ।
স্বজনহত্যাৰ পাপ স্খলনৰ বাবে,
অশ্বমেধ যজ্ঞৰ হয়-সহ অৰ্জুন,
উপনীত হ'ল পত্নী চিত্রাঙ্গদাৰ দেশ
সুদূৰ মনিপুৰত।
সম্মুখ সমৰত অৰ্জুনৰ জীৱন সূৰ্য্য গ'ল অস্তাচল,
পৰাক্ৰমী বীৰপুত্র বব্ৰুবাহনৰ হাতত।
উপেক্ষিতা আন এক প্ৰেয়সী কালবিলম্ব নকৰি,
হৃদয়ৰ সমস্ত সুধাৰস ঢালি,
সঞ্জীৱনি মণিয়েদি জীৱন মন্ত্র দিলে প্ৰিয় দয়িতৰ বুকুত ।
অৱশেষত দিলে আত্মাহুতি,
সেই উপেক্ষিতা মহিয়সী,
যিদিনা  প্ৰিয়তমে বাট ললে
মহাপ্ৰস্থানৰ পথত।

পাদপ্ৰদীপৰ অন্ধকাৰ সম,
এই উলূপীহঁত চিৰকালৰ বাবে, 
থাকি যায় লোকচক্ষুৰ অন্তৰালত।

[   "কৌৰৱ্য" আছিল নাগ সকলৰ ৰজা" । উপৰোক্ত কবিতা টি বাংলা ভাষাৰ ফেইচবুক গ্ৰুপ  "কবি ও কবিতা" ত  "কবি কণ্ঠে কবিতা পাঠ"  নামৰ লাইভ্ অনুষ্ঠানত পাঠ কৰা হৈছিল । কবিতাৰ ৰচয়িতা জেষ্ঠ ভ্ৰাতৃসম শ্রী মিহিৰ সিনহা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজন অবসৰ প্ৰাপ্ত বিষয়া , বৰ্তমান কলকাতাৰ বাসিন্দা। তেখেতৰ লেখা কবিতাটি পঢ়ি বৰ ভাল লগা বাবে মই  অসমীয়ালৈ ভাবানুবাদ কৰাৰ এটি বিনম্ৰ প্ৰয়াস কৰিলোঁ, আশাকৰো  পাঠক/পাঠিকা সকলে কবিতা টি সাদৰেৰে গ্ৰহণ কৰিব   ]

অনুবাদঃ
অৰুণিমা শৰ্মা মহাপাত্ৰ
নিউ দিল্লী ।


পৃষ্ঠা ১৫

মই হায়ৰাণ

(ইতিহাসৰ পাতত লুকাই থকা এটি কবিতা)
                   -মহাদেবী বাৰ্মা

মই হায়ৰাণ হওঁ এই কথা ভাবি
কোনো নাৰীয়ে নুঠালে কিয় আঙুলি
তুলসীদাসক উদ্দেশি
যি কৈছিল 
"ঢোল, গাঁৱলীয়া মানুহ, শূদ্ৰ,পশু,নাৰী,
এই সকলোবোৰ দমনৰ অধিকাৰী।"?

মই হায়ৰাণ, 
কোনো নাৰীয়ে নকৰিলে কিয় তিৰস্কাৰ
সেই "ৰাম"ক যি
গৰ্ভৱতী পত্নী সীতাক
পৰীক্ষাৰ পিচতো
উলিয়াই দিলে ঘৰৰপৰা
গতিয়াই?

কোনো নাৰীয়ে নকৰিলে নিন্দা সেই সকলক
যিসকলে নাৰীক
"বস্তু" বুলি ভাবি
কৰি পেলালে দৰ-দাম।
"নপুংসক" যোদ্ধাৰ সমাজত 
চলি থাকিল 
সমস্ত নাৰীজাতিৰ বস্ত্ৰহৰণ
মহাভাৰতত।

মই হায়ৰাণ, এই কথা ভাবি
কোনো নাৰীয়ে কিয় নকৰিলে
সংযোগিতা, অম্বা, অম্বালিকাৰ 
দিন দুপৰতে
অপহৰণৰ বিৰোধ?
আজিলৈকে?

আৰু মই হায়ৰাণ, 
ইমানবোৰ ঘটনাৰ পিচতো
কিয় "শ্ৰদ্ধেয়" বুলি 
পূজা কৰে 
মোৰ মাতৃ-ভগ্নীয়ে
তেওঁলোকক 
দেৱতা-ভগৱান জ্ঞান কৰি?

মই হায়ৰাণ, 
তেওঁলোকৰ মৌনতা দেখি।

কি কওঁ?
সেয়া তেওঁলোকৰ 
সহনশীলতা নে
অন্ধ শ্ৰদ্ধা?
অথবা,
মানসিক গোলামীৰ 
পৰাকাষ্ঠা?


*অনুবাদ: জয়ন্তীমালা বৰপূজাৰী

(হোৱাটচ্ এপ যোগে পোৱা হিন্দী সাহিত্যৰ বিখ্যাত কবি, শিক্ষাবিদ, স্বাধীনতাযুঁজাৰু, পদ্মভূষণ,  জ্ঞানপীঠবিজেতা, পদ্মবিভূষণ মহাদেবী বাৰ্মাৰ (1907-1987) কবিতাটো পাই অনুবাদ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। মহাদেবী বাৰ্মাক হায়ৰাণ কৰা প্ৰশ্নকেইটাতো প্ৰায় সকলো নাৰীৰে মনৰ মাজত গুজৰি গুমৰি থকা প্ৰশ্ন!)


পৃষ্ঠা ১৬
কবিতাঃ

মই তোমাৰ দূৰন্ত প্ৰেমিক

হৃদয়ৰ আৱাহন তোমাৰ নামেৰেই
অভিমানী সময়ো কেৱল তোমাতেই
উশাহৰ অনুবাদ হৈ সৰা মধুৰ অনুভৱ তুমি
বুজানে তুমি মোৰ এই প্ৰণয়ৰ গভীৰতাৰ কাহিনী।

তুমি চাগে নুশুনা এই জীৱনৰ আকুলতা
নুবুজা কাহানিও মোৰ এই হৃদয়ৰ ব্যাকুল প্ৰেমৰ কবিতা
আহিবানে এদিন সপোনৰাণী হৈ
শুনিবানে  প্ৰণয়ৰ সুৰ হৃদয়ৰ গভীৰতাত ৰৈ
কাষতে ৰবাহি বৰ্তমানৰ জীয়া সুৱাস হৈ

বৈ যাবা এই জীৱনৰে জনম পাৰ হৈ জনম জনমলৈ

সাৰ পোৱা পুৱতিয়ে তোমাৰ কথাকে কয়
কোমল ৰদালি যে তোমাতেই ৰঙীন হয়
আবেলিৰ ঘৰমুৱা পখীজাকে দি যায় এটি সুৰ প্ৰনয়ৰ।

পিন্ধাবানে আহি সংগীৰ মুকুতা মোৰ এই নিসংগ জীৱনৰ।

চিঠিৰ ভাঁজৰ অনুভৱী নিলাভ অনুৰণন তুমি।
কম বোলা কথাষাৰি বুজি চাবাহি আহি
সোমাই আহিবা মনৰ দুৱাৰ খুলি
বুজি পাবা এই প্ৰনয়ৰ আকুলতা যে তুমি।

এই প্ৰণয় তোমাৰ নামেৰেই
অভিমানী অপেক্ষাৰ শেষ হয় তোমাতেই।
ৰঙীন দলিছা পাৰি আহিবা জীৱন ধৰিবলৈ।
বাট চাম তোমালৈ জনম পাৰ হৈ জনম জনমলৈ।

পাপু বৰা
মাজুলী।


পৃষ্ঠা ১৭

ধূলিয়ৰি বাট

ধূসৰ ধূলিয়ৰি বাট এটিৰে আহি
স্মৃতিবোৰে ঢাকি ধৰে 
মোৰ ৰঙীয়াল মনটোৰ
পলাশী মাধূৰ্যক

তুমি আজাদ চিলাখনৰ দৰে
যিদিনা উপহাস কৰি গুচি গ'লা
ফাগুনি পচোৱাৰ সতে
সিদিনা এসাগৰ চকুলোত সাঁতুৰি সাঁতুৰি তোমাক পাহৰাৰ আখৰা কৰিছিলো

 কি অদ্ভুত আছিল তোমাৰ ভটীয়নি খোজৰ লয়লাস
চাই থাকিম...
নে চকু মুদি আন্ধাৰক সাৱটিম ?

কি যে বিৰম্বনা 
প্ৰেমৰ অপ্ৰত্যাশিত যন্ত্ৰণা

চেৰেঙ চেৰেঙ কৈ মনত পৰে
তোমাৰ ঢৌখেলা চুলিৰ ছাঁত জিৰোৱা মোৰ সোণালী দিনবোৰৰ কথা

এতিয়া তুমি মোৰ বাবে নিজানৰ এটা গান
নিঃসংগতাৰ এটি কবিতা
বিষাদৰ এটা চিগাৰেট

চিগাৰেট,
চিগাৰেটৰ গইনা লৈ 
জ্বলাওঁ বুলি জ্বলাই দিব পাৰি জানো
কঠিন শিলত কটা ভাস্কৰ্যৰ দৰে
হিয়াত খোদিত এটি নাম

প্ৰেমৰ অগনিৰে হৃদয় জ্বলাই
ৰৈ আছো 
ধূসৰ ধূলিয়ৰি বাটৰ এমূৰত
হেৰোৱা সুবাসৰ স্মৃতিক সোঁৱৰি।।।

মঞ্জিত হাজৰিকা
সহঃ সম্পাদক, অঙ্গন


পৃষ্ঠা ১৮

জীৱনৰ গতিছন্দত সুদূৰ পিপাসী মন

ডেউকা কোবাই এৰি দিলো মনৰ সোলেং 

 মুকলি আকাশ-মুকলি মন

 মুকলি সেউজীয়া পৃথিৱী 


উৰি থকা ডাৱৰক সুধিলোঁ 

দিবা নেকি চিনাই তোমাৰ বুকুলৈ যোৱা বাট 

ডাৱৰে ক'লে _

       বতাহেহে মোক উৰুৱাই থাকে /  নাজানো মোৰ সমাধি ক'ত ...

নিজান হাবিডৰাত অনাই বনাই ঘূৰি থকা বতাহো নিশ্চুপ 

__নাজানে কোনে কাক ক'লৈকে আঁজুৰে‌‌‌‌ ....

  

 বুকুৰ শূন্যতাই টানি নিয়ে 

 নিংসগ জুৰিটিৰ সুৰৰ মূৰ্চ্ছনা বিচাৰি 


এনেদৰেই ঘূৰি থাকক মোৰ মনৰ সোলেং

মাথোঁ উৰি থাক_ প্ৰাণৰ আনন্দত 

নাচি থাক ডাৱৰৰ দৰে 

চমকা বিজুলী পোহৰত শুভ্ৰতাৰ আঁচল জিলিকাই _

ঘূৰি চাবৰ নাই প্ৰয়োজন _


হাঁহি থাক/ উৰি থাক/ নাচি থাক__

         হিয়াৰ উখল-মাখলতেইচোন  

                                নদীয়ে ঢৌ-খেলে ""


গীতৰাজ

জামুগুৰি ,জাঁজী


পৃষ্ঠা ১৯

দৰিদ্ৰতা

তোমাৰ দৰে ময়ো
হাঁহি-মাতি পাৰ কৰো
বিনিদ্ৰ ৰজনী
অশ্ৰুৰে শ্ৰুতলিপি লিখো
প্ৰতিটো পুৱা-গধূলি

তোমাৰ দৰে ময়ো 
দিনত গা ধুব নোৱাৰো
জোনাকতো নোৱাৰো
বাট চাই  থাকোঁ
এন্ধাৰলৈ

তোমাৰ দৰে মোৰ
উদাস জুপুৰিত
জোন গলা আকাশৰ 
তৰা লেখি লেখি
আপোনজনো
সগৰ্বে গুচি যায়
পোহৰলৈ

তোমাৰ দৰে ময়ো
ধান খেৰৰ উমত
ফুল-শৰ্যাৰ নিশা
সপোন দেখো--
যোগমায়া অথবা   
কৃষ্ণ জন্মৰ।

অমৃত শইকীয়া


পৃষ্ঠা ২০

ফাগুন

শিমলু,পলাশ ফুলাৰ বতৰত
এয়া
     ফাগুনৰ আগজাননী
এজাক পছোৱা বতাহে যেন
কানে কানে কৈ যায়
      ফাগুন আহিল।

মুকলি আকাশ 
উৰুঙা পথাৰ
চৌপাশে মাথোন
কেৱল ধুলিয়ৰি।

ফাগুনৰ এজাক পছোৱাই
বিধস্ত কৰিব পাৰে বুকুৰ আধৰুৱা সপোন
তথাপিও কিয় বাৰু?
জীয়াই থকাৰ এক অদম্য বাসনা!
হেৰাই যাব খোজা অলেখ কল্পনা বোৰ
সংগোপনে সমাধিস্থ কৰি বুকুৰ মাজত!!

ফাগুনৰ আগমনত
প্ৰতিখিলি সৰাপাতৰ বুকুতো থাকে
স্বপ্নভংগৰ গোপন আৰ্তনাদ।

অনিতা দত্ত
জাঁজী, জামুগুৰি
৭০৮৬৬৬২১৯৩


পৃষ্ঠা ২১

প্ৰকৃতিৰ প্ৰেম

হে বাটৰুৱা
লৰালৰি কিয় কৰা
মোৰ ফালেও এবাৰ ঘূৰি চোৱা।
সুকোমল সুবাস ঢালি
পৱিত্ৰ কৰো হৃদয় আকাশ
এবাৰ টো জুমি চোৱা।
ৰঙৰ দলিচা পাৰি
নতুনৰ আশা ঢালি
পুৱাতেই কৰোঁ প্ৰেমৰ আলিংগন।
পৱিত্ৰ কৰি তন মন।
ৰাতিৰ আন্ধাৰবোৰ
সৌন্দৰ্য্যৰ ৰূপ লৈ
দশোদিশে প্ৰকাশিত এই ধৰা।
কেতিয়াবাতো চকু মেলি চোৱা।
পৰিধিবিহীন আকাশে জুৰে
মুক্ত হৃদয়ৰ গান।
পক্ষীৰ কলৰৱতো যে তাৰেই তান।
সুখ আৰু প্ৰশান্তিৰ
সেউজ পৃথিৱী মনোৰম।
শৰীৰৰ ক্লান্ত মন অশান্ত
তথাপিও সাতুৰি নাদুৰি
পানী খাই মৰা
ভোগবাদী পৃথিৱীকে কিয় খামুচি ধৰা।
মনৰ খিৰিকী এবাৰ খুলি চোৱা
কিহৰ তাড়নাত হে পথিক
সকলো পাহৰি গ'লা । 

দিপক বৰা
নতুন দিল্লী 


পৃষ্ঠা ২২

প্রভাত

স্বস্তিৰ এক গভীৰ এঙামূৰিৰে
 ৰাঙলী,পূৱালী সূৰুযে
 ভূমূকি মাৰিলে
    ধৰাৰ বুকুলৈ৷

আকৌ নতুন প্রভাত
নতুন উদ্যম
   চৌদিশে পোহৰাই
     তুলিলে জগত৷

শান্ত পোৱাৰ পৰিৱেশ
 মনোৰম  দৃস্টান্টবিহীন
 সময় ৷
হিম চেঁচা ধীৰ স্হিৰ
 পোৱাৰ সমীৰে 
আপ্লুত কৰি তুলে মন
মনৰ গহন কোনত
 বাজি উঠে সূৰৰ ঝংকাৰ ৷

শুভ্ৰ মুকুতা সদৃশ
 নিয়ৰৰ টোপালে
  সজীৱ কৰি তুলিলে
  সেউজী দূৱৰি বনক ৷

বিৰিখে বিৰিখে
    পক্ষীৰ শুভেচ্ছা ধ্ৱ্নিৰে
      জগতক জনায়
       পোৱাৰ আগজাননি  ৷

ৰান্ধিনীশালত আয়তিৰ
পূৱাই পূৱাই 
   বাজি উঠা নূপূৰৰ
    ঝনঝনিত 
       সোৱৰাই দিয়ে 
        দিনযোৰা কর্যসূচীৰ ৷

     পুনৰ প্রতিটো 
        পোৱাৰ দৰে
        ব্যস্ত্যতাৰে ভৰি
          পৰে জগত!
   কি মনোৰম এই প্রভাত ৷

বীণাপানি ৰেগন
দিল্লী


পৃষ্ঠা ২৩

সংজ্ঞা

পূবে ধলফাট মেলাৰ দৰেই 
দিগন্তত উদিত হ'ব খোজে 
হেঙুলীয়া আভাবোৰ .....
স্বপ্নবিভোৰ মনৰ মাজতো 
সিচঁৰিত কৰে এচমকা বৰ্নালী 
জীৱনটো হয়তো এনেকুৱাই 
উদিত হয় কোনো এক শুভ ক্ষণত
আৰু অস্তামিত হ'ব পাৰে কোনো এক বেদনা সিক্ত ৰাতিৰ নিৰবতাত কিম্বা
অনাগত কোনো এক অস্পষ্ট অশুভক্ষনত । 
ঠিক এনে সময়তে জীৱনে আকোৱালি ল'ব লাগে নিষ্ঠুৰতাক ।
কোনোবা কবিয়ে কৈ যোৱা সেই বিখ্যাত উক্তি -
" মৃত্যুটো এটা শিল্প কঠিত শিলত কটা নিপুন ভাস্কৰ্য "
জীৱনৰ চিৰন্তৰ সত্যটোক । আৰু ঠিক এনে মূহুততে ময়ো উপলব্ধি কৰোঁ  জীৱনৰ প্ৰকৃত সত্য আৰু তোমাৰ
 অতীত। 
অতীতটোও যেন মৃত্যুৰ দৰেই সচা
বৰ্তমান ভৱিষ্যত যেন   কোনো এক গভীৰতাত দুব যাব খোজা অস্তগামী সূৰ্য ....
অনুভৱ মাধো প্ৰতাৰিত প্ৰত্যাক্ষা
জীবনৰ সংজ্ঞা বিচাৰি ধূলিয়ৰি বাটত কিছু উত্তৰ বিহিন প্ৰশ্নৰ সন্ধানত....
ক্ৰমশ....

জাহ্নৱী বৰুৱা
গোপালপুৰ , মাজুলী
ফোন নং-8822858562

পৃষ্ঠা ২৪

দুঃখৰ ঋতুৰ কবিতা

প্রেমহীনতাৰ মৰুভূমিত
আজি কিদৰে পাঁতো 
জীৱনৰ সেউজীয়া উৎসৱ ৷
বুকুৰ ডাল ভৰি 
আকৌ মেলিবনে সপোনৰ কুঁহিপাত…
                 এতিয়া নালাগে কোনেও সুধিব মোক
            কিহৰ দুঃখত দুঃখি আজি মোৰ আলখুৱা কঁলিজা…….
সহিব নোৱাৰো যে
মৰি মৰি জীয়াই থকাৰ যন্ত্রণা ৷

প্রীতিৰেখা দাস


পৃষ্ঠা ২৫

প্ৰেমৰ আভাস

নিশাৰ আন্ধাৰৰ
     জোনাকী পৰুৱাৰ পোহৰত
     তোমাক যেন সদায় দেখা পাওঁ।
মই ইমান কিয় অধীৰ হৈছো
    অলপো নিজৰ মনটোক 
         বান্ধি ৰাখিব পৰা নাই,
মোৰ হৃদয়ৰ স্পন্দনত
      কেৱল তোমাৰেই ছবি।
প্ৰতিটো উশাহত যেন 
      তোমাক অনুভৱ কৰিছো।
কিয় জানো তোমাৰ কথা
       মনলে আহিলেই
মোৰ মুখত হাঁহিৰ খোৰাক উঠে।
    মই নাজানো মোৰ
         কি হৈছে.......
অলপো সময় তোমাৰ 
    কথা নভবাকে যোৱা নাই
           কি এয়াই নেকি প্ৰেম?
দিনটোত যেন এবাৰ 
তোমাৰ লগত কথা নাপাতিলে
            ভাল নালাগে।
তোমাৰ লগত কথা পাতোতে 
       তোমাৰ যি অভিমান 
                মোৰ প্ৰতি
কি তুমিও মোৰ দৰে 
            মোৰ প্ৰেমত......?
আৰু যদি এয়া সম্ভৱ নহয়
তুমি যদি আন কাৰোবাক.....!

বন্দিতা দেৱী
গোলাঘাট


পৃষ্ঠা ২৬

অক্ষমতা

চৰাইহাল উৰে 
উৰিব পাৰে বাবেই 
কেতিয়াবা আকাশত নাচে
কেতিয়াবা বতাহত নৃত্য কৰে।
এই যে সিহঁত উৰে 
এয়া অভ্যাস।

এন্ধাৰ আহিলে 
উৰিব পাৰে জানো দিনৰ পক্ষী!
সুধা হ'লে,
ক'লেহেঁতেন চেষ্টা কৰিছিলোঁ।

আচলতে 
উৰিব পাৰিলেও 
সিহঁতে, 
ভয় কৰে ধুমুহাক 
ভয় কৰে আন্ধাৰক
এয়া অক্ষমতা 

কাৰ নাই অক্ষমতা
সকলোৰে থাকে!

এই
অক্ষমতা থকাৰ বাবেই
জীৱনে জীৱনবোধ দেখে 
মানৱে মানৱতাবোধ চিনে 
চৰাইহালেও দিনে পোহৰে বাহলৈ উভতে....

নিহাল গগৈ


পৃষ্ঠা ২৭

খৰিবোৰ কোনে সামৰিছে

ৰ'দত মেলা আমখৰিৰে 
চোতাল ধুনীয়া দেখাৰ বতৰত
আমি ডালি ডালি হাড়ৰ কথা পাতিছোঁ
নৈৰ কাষৰ বনিয়ন পিন্ধা
মানুহবোৰ নোহোৱা হোৱাৰ দিনত
আমি তেজৰ কথাৰে 
তেজ বিনিময় কৰিছোঁ,
আমি পাবলৈ নুবুজিলোঁ
আমি ৰ'বলৈ নাজানিলোঁ
ইয়াৰ পিছতো তুমি কোৱা,
হ'ব দিয়া, আমি নিলগৰ লগ 
তুমি নেদেখা কোনোবা বছৰত 
কিজানি বহাগত ঘৰ ..!

কুঁকি কল্পিতা বৰা
কমলাবাৰী,মাজুলী


পৃষ্ঠা ২৮

ফাগুন

শুকান ফাগুণে
আঁকি যায় ৰঙা পলাশৰ ৰং
সানি যায় দেহত জেতুকাৰ কোমল গুন্ধ...।।

শুণ্যময় দিগন্তৰ তলেৰে স্বপ্ন ভংগ মনে আকৌ গঢ়ে সপোন..।।

অ' ফাগুণ...
উৰণীয়া অথিবৰি দৰে উৰিব ধৰা মন..
পথভ্ৰষ্ট স্বপ্নৰ ডেউকাত সানি যায় কাঞ্ছন ৰং...।।


অ' ফাগুণ...
তোৰ শুকান বতাহত সানি যা
ন-যৌৱন সনা এচাতি চঞ্ছল বতাহ
আঁকি যা মোৰ ওঠঁত সোণাৰুৰ হালধীয়া হাঁহি...

ফাগুণৰ ফাকু সানি
আকৌ হৈ পৰো মই বহাগৰ বহাগী...।।

পৰিস্মীতা পৰাশৰ
গোলাঘাট


পৃষ্ঠা ২৯

অন্যথা মই নাৰী...

এখন নহয় দুখন নহয়
শত সহস্ৰ হাত
আহে আগবাঢ়ি।
সিহঁতৰ হাত বোৰ চেঁচা ,হীম চেঁচা।
মোৰ বুকুৰ উম বিচাৰি নহয়,
লোভ,অৰ্দ্ধউলঙ্গ দেহৰ ।
কিমান ব্যস্ততা সিহঁতৰ
কি দিন, কি ৰাতি
মোক লৈয়ে খেলা।
ফেৰ ফেৰীয়া বতাহ জাকে
কপনি তোলে,
কিন্তু মোৰ দেহৰ তীক্ষ্ণ কাঁইট বোৰ
তেতিয়াও ঠঙাল হৈয়েই থাকে ।
ইতিহাসে ঢুকি পোৱা
সেই দিন ধৰি..
কেনেকৈ বিভ্ৰান্ত কৰি তুলিছিল
কিমান অস্থিৰ কৰিছিল
মোৰ নিৰন্তৰ স্থিতি।
লাহে লাহে অভ্যন্তৰত এক আন্দোলন..
তীব্রৰ পৰা তীব্ৰতৰ হৈ গৈ আছে
ধৰ্ণাৰ শব্দ বোৰ প্ৰতিধ্বনিত হৈছে
পাহাৰে কন্দৰে,
আগবাঢ়িব পাৰিছো লাহে লাহে
চেঁচা হাত বোৰ অদৃশ্য হৈছে
এখন দুখন কৈ..।
এতিয়া মোৰ সংগী হৈ একেলগে বাট বুলে।
দুই হাত প্ৰসাৰিত কৰি
হীম চেঁচা হাতেৰে নহয়,
এখন তাপিত হাতেৰে
আমি সহযাত্ৰী হলো,
নতুন  দিগন্তলৈ।

ইন্দু লেখা হাজৰিকা
মাজুলী


পৃষ্ঠা ৩০

সাঁথৰ

বান্ধ খুলি গৈ আছো
ক্ৰমশ: পুৰণি ঠিকনা বিচাৰি

নিৰিবিলি আজি সৌম্য শাৰী শাৰী গোলাপী, বগী কাঞ্চনৰ লয়লাস 

হেল'জেনৰ পোহৰত ছটফটাই আছে
নিৰব পুখুৰীৰ হেলুৱৈ বৰণীয়া নীৰ্

পাতল গোলপীয়া ছাদৰখন গাত দলিয়াই দিছো
পেডেল নকুবাই ডেউকা কোবাব যেন অশান্ত মন

বনৰীয়া গোন্ধ এটা ভাঁহি আহিছে
আবেগ প্ৰবল;

দুপৰৰ ৰোপোজ্জল কাঞ্চনমতী
চুলিত সৰাফুল পাহ গুজি 

হাত এখন মেলি দিছো ;
আকাংক্ষা সচৰাচৰ মদু পৰশ..

স্বপ্ন ভংগৰ পূৱা হেতেলিত আক্ষেপ
পম খেদি ওৰ নোপোৱা 

আচ্ছাদনাৰ সাধুত উত্তৰ বিচাৰিলো
খেলি মেলি লাগিল; ৰৈ থাকিলো

মোৰ কানাইয়ে 
পথৰ সম্ভেদ পথিয়ালে

ধ্ক: পূৰ্ণিমাৰ ৰাতি চকুৰে নেদেখা ফুল
টুট্ টুট্...কাটি গ'ল

স্ক্ৰীনত উলাই আছিল 
ইয়ো আৰ্ গেতিং এনাফ্ ছাইন
অকেই! আচ্ছাদনা ক'ত তই...

হেপী শইকীয়া
শিৱসাগৰ



পৃষ্ঠা ৩১

মহানাগৰিক

ব্যস্ত মহানগৰীত
ৰাতিটোৱেই আপোন
দিনৰ অতি ব্যস্ত মানুহবোৰৰ বাবে

মহানগৰী জাগি থাকে বহু ৰাতিলৈ
নিশাৰ বাৰত জিলিকে
 অত্যাধুনিক আভিজাত্য
জাগি থাকে সেৱাৰত কর্মীবোৰ
কেইটামান লঘুনীয়া পেটৰ বাবে
জাগি থাকে দিনত ব্যস্ত মানুহবোৰো
প্ৰতাহিক নিয়ম সূচীত
দিনান্তৰ কামবোৰ সামৰিবলৈ

দিন ৰাতিৰ ছেদেলি ভেদেলিত
নগৰ চাবলৈ অহা আত্মীয় মানুহবোৰ
থৰ হৈ ৰয়
মনে মনে নিজকে কয়
ৰাতি ন বজাত নো 
কোনোবা ঘৰ সোমাইহিনে
এঘুমটি মৰাৰ পৰত

 জীৱন ধাৰণৰ জটিল যুজঁ চলে অহৰহ
মানুহে পাহাৰে শিখৰে ঘৰ বান্ধে
কেৱল পেটটোৰ বাবে 
সদা ব্যস্ত মহানগৰীৰ বৰ ভেম
সহজে নিদিয়ে ভোকৰ এসাঁজ
মানুহ  যন্ত্ৰ হৈ পৰে
এমুঠি ভাতৰ বাবে। 

ভোকৰ তাড়নাই কেনেকৈ শিকায়
জীৱিকা অর্জনৰ বাট
মহানগৰীৰে শিকায়

মহানগৰীয়ে 
বিমুখ নকৰে কাকো
অপকাৰ নকৰে কাৰো
জাতি ধৰ্ম বৰ্ণ ধনী দুখীয়াৰ উৰ্ধত
আঁচল পাৰি দিয়ে
মানৱতাৰ 
সহ্নদয়তাৰ
এখনি অমিয়া সৰগ
আলাপ কৰিবলৈ
সুখ দুখৰ

ভোকেই জীৱন তৰে
ভোকেই জীৱন গঢ়ে
ভোকেই জীৱনৰ বাট দেখুৱাই
ভোকৰ তাড়নাতেই জীবনে বাট লয়
দেশে দেশে , দিশে দিশে।

পিকুমণি দেৱী ভূঞা
পাণবজাৰ,গুৱাহাটী-১
ফোন-9101657503


পৃষ্ঠা ৩২

শৰতৰ শেৱালি

কি যে শুৱনি ।
মাত তুমাৰ ।
কি যে শুৱলা ,
গীত তোমাৰ ।
কি যে মৰম ।
হানিলা তুমি ,
মোৰ আল্পনা দুচকুত ।
তোমাৰ কুমল দুটি ওঠৰ ।
মিঠা হাঁহিৰে ।
পৰভাত পোৱা !
এচেৰেঙা কুমল ৰ'দত ।
শীতৰে সেমেকা বসন্তত ।
সৌন্দৰ্য এপাহ !
শৰতৰ শেৱালী হৈ !
নিয়ৰৰ সতে ।
অকলশৰে নিৰৱ মনে ।
সেই দৃৰ্শ্য প্ৰতিচ্ছৱি ।
ভাঁহি উঠে ।
মোৰ দুটি নয়নত ।
একেথিৰে ৰ-লাগি চাওঁ !
আপোন পাহৰা হৈ ।
তোমাৰ বহুৰঙীয়া ।
সৌন্দৰ্য ফুলনি !
বিমোহিত হওঁ মই ।
তোমাৰ চানেকিত ।
মোৰ হৃদয়ে ।
বাৰে বাৰে চুব খুজে ।
তোমাৰ সেই কুমল বৰনীয়া ।
লাহিটি 
দিবানে বাৰু চুই চাৱলৈ 
তোমাৰ সেই কুমল মিঠা 
দুটি ওঁঠ ।।

তপন দাস
তিনিচুকীয়া
ভ্ৰাম্যভাষা - ৮০১১৮৫০০৪১


পৃষ্ঠা ৩৩

সুৰীয়া সুৰৰ ৰাগীত

টোপ টোপকৈ নিয়ৰ সৰাৰ শব্দত 
সমীৰণত সৰা পাতৰ সৰসৰনিত
শান্ত শেৱালিৰ মৃদু সুৱাসে 
হিয়াৰ দুৱাৰ দলিত  টুকুৰিয়াই প্ৰেমে ৷

সেউজী দূবৰিত বাগৰ সলোৱা শেৱালিক
কুঁকিত আলফুলে বুটলি ৰখাৰ আকুলতা
সূৰুযৰ চাৱনিত দেঁই পৰি নাযাওঁক 
সুৰভিৰে বিয়পাই ৰখা শুভ্ৰবসন পৰী ৷

সোণোৱালী সূৰুযৰ হেঙলী ৰহণে
মায়াবিনী ৰূপত সাজে নদীয়ে 
সূৰ্য্যাস্তৰ নৈসৰ্গিক সৌন্দৰ্যই 
মন -প্ৰাণ আকুল কৰে 
দুটি হৃদয়ৰ নিবিড় আত্মাক

অমিলতা টায়ে মিলি
চিলাপথাৰ


পৃষ্ঠা ৩৪

ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ১২

খজ্জিয়াৰ

শর্মীষ্ঠা বর্মন
নতুন দিল্লী

     জুন মাহৰ মাজভাগত  'ডেলহাউচী'ৰ বৰষুণৰ মহিমা বুজিবলৈ আমাৰ আৰু বাকী নাথাকিল ৷ 'ডেলহাউচী'ৰ গান্ধী চ'কত বৰষুণৰ পৰা কথমপিহে ৰক্ষা পৰিলোঁ ৷ তাৰ পৰা 'টেক্মি'ৰে 'হোটেল'লৈ গুছি আহিলোঁ ৷ আহি পায়েই ৰাতিৰ আহাৰৰ 'অর্ডাৰ' দি কাপোৰ-কানি সলালোঁ ৷ ৰাতিৰ আহাৰ গ্রহণ কৰাৰ পাছত পুনৰ পিছদিনাৰ পৰিকল্পনা আৰম্ভ হ'ল ৷ এওঁ ভাইটীৰ সৈতে ফোনযোগে সিদ্ধান্ত ল'লে যে পুৱা দিনৰ পোহৰত 'ডেলহাউচী' ঠাইডোখৰ ভালদৰে চাই দিল্লীলৈ উভতি যাম ৷ এইবাৰ মই মাত লগালোঁ ৷ দুয়োজনকে বুজালোঁ যে এনেকুৱা ঠাইলৈ বাৰে বাৰে জানো অহা হ'ব ৷ ওচৰে-পাজৰে থকা কোনো 'হিল ষ্টেচন' থাকিলে চায়ে যাওঁ ৷ অন্যথা ঘৰ গৈ পাই মনত খেদ থাকি যাব ৷ কেনেবাকৈ দুয়ো মান্তি হ'ল ৷ সিদ্ধান্ত লোৱা হ'ল যে আমি পুৱা 'খজ্জিয়াৰ'লৈ যাম , কাৰণ এই ঠাইডোখৰ 'ডেলহাউচী'ৰ পৰা মাত্র ২৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷

      পুৱা সোনকালে উঠি নিত্য কর্ম সামৰি চাহ-জলপান খায়েই 'খজ্জিয়াৰ' অভিমুখে ৰাওনা হ'লো ৷ বৰষুণ দিয়া নাছিল যদিও বতৰ ডাৱৰীয়া হৈ আছিল ৷ মনত শঙ্কাও উপজিল ৷ নজনা-নেদেখা ঠাই,তাতে বতৰৰ ভৰষা নাই ৷ বাটচোৱাও দুর্গম ৷ পাহাৰৰ দাঁতিয়েদি যোৱা অঁকোৱা-পকোৱা বাট ৷ এফালে ওখ পাহাৰ,অানফালে একেবাৰে দ' পাহাৰৰ নামনি ৷ কেনেবাকৈ গাড়ীখন ইফাল-সিফাল হ'বলৈ হ'লে কথা বিষম হ'ব ! বাৰে বাৰে ভাইটীক ফোন কৰি সাৱধানে গাড়ী চলাবলৈ ক'লো ৷ কিন্তু এটা সময়ত 'নেটৱর্ক' নোহোৱা হৈ থাকিল ৷ এইবাৰ ঈশ্বৰৰ ওপৰত সকলো এৰি দিলো ৷

       প্রাণৰ ভয়ৰ মাজতো চাৰিওফালৰ প্রাকৃতিক সৌন্দর্য্যই আহি চকুত ধৰা দিছেহি ৷ চাৰিওফালে কেৱল সেউজীয়া চিনাকি-অচিনাকি গছ-গছনি,মাজে মাজে বহুতো পাইন গছ আৰু দেৱদাৰু গছ দেখা পালোঁ ৷ নির্ম্মল বতাহ , প্রদূষণমুক্ত বাতাৱৰণ ৷ মানুহ কিয়নো এনে দুর্গম ঠাইলৈ নাহিব ? এনে স্বাস্থ্যকৰ পৰিৱেশ মহানগৰীৰ ধূলি-ধোঁৱাৰ মাজত পাম জানো ? মাজে-সময়ে গাড়ীখনৰ খিৰিকীৰ আইনা খুলি শুদ্ধ,শীতল বতাহ গাড়ীখনৰ ভিতৰত সুমুৱাই লওঁ ৷

        বাটৰ এফালে পাহাৰৰ দাঁতিত মাজে মাজে দেখা পালোঁ প্রকাণ্ড এলেকা জুৰি ধীৰ-স্থিৰ হৈ বহি থকা দুখনমান 'বর্ডিং স্কুল' ৷ নাম পঢ়িলোঁ যদিও মনত ৰাখিব নোৱাৰিলোঁ ৷ কিন্তু বুজিবলৈ বাকী নাথাকিল যে ইয়াৰ পৰা নিশ্চয় বহুকেইজন ডাঙৰ আৰু বিখ্যাত লোক পঢ়ি ওলাইছে ৷

       দীঘলীয়া বাটচোৱা পাৰ হৈ বহুদূৰ আহি পালোঁ ৷ কিন্তু 'খজ্জিয়াৰ' পোৱাগৈ নাই ৷ মনত সন্দেহো উপজিল ৷ ইমান দূৰ বাট অতিক্রম কৰি কি বা দেখিবলৈ পাওঁ ? এটা সময়ত লক্ষ্যত উপনীত হোৱা যেন লাগিল ৷ পর্য্যটকেৰে ভৰা এখনি সুন্দৰ ঠাই দেখা পালোঁ ৷ বুজিবলৈ বাকী নাথাকিল যে এয়া 'খজ্জিয়াৰ' ৷ আঃ কি অপূর্ব দৃশ্য ! ওখ ওখ পাইন গছ আৰু দেৱদাৰু গছেৰে ভৰা গভীৰ অৰণ্যৰ মাজত এঢলীয়া এখনি ৰমণীয় স্থান ৷ ইমান পাহাৰ-পর্বত ফুৰিলোঁ,এই ঠাইৰ দৰে সুন্দৰ আৰু সুৰম্য ঠাই আজিলৈকে দেখা নাই ! ঈশ্বৰৰ এক অনুপম সৃষ্টি হৈছে 'খজ্জিয়াৰ' ৷ ইয়াক ( মিনি চুইট্জাৰলেণ্ড) Mini Switzerland বুলিও বহুতে কয় ৷

        'খজ্জিয়াৰ' হিমাচল প্রদেশৰ 'চম্বা' জিলাৰ এক 'হিল ষ্টেচন' ৷ সাগৰ তলৰ পৰা ইয়াৰ উচ্চতা  প্রায় ১,৯২০ মিটাৰ ৷ পৃথিৱীৰ ১৬০খন চাবলগীয়া স্থানৰ ভিতৰত 'খজ্জিয়াৰ' অন্যতম এখন স্থান ৷ গাড়ী পার্ক কৰি আমি সকলোৱে একপ্রকাৰ দৌৰিয়ে নামি গ'লো এই আকর্ষণীয় ঠাইডোখৰলৈ ৷ তাত এটি নাগ মন্দিৰ দেখা পালোঁ ৷ এই নাগ মন্দিৰটো ১২ শ' শতিকাৰ ৷ মন্দিৰৰ ঠিক মুখামুখিকৈ 'হিড়িম্বা'ৰ প্রতিমূর্তি দেখা পালোঁ ৷ হিড়িম্বা মহাভাৰতৰ এটি পাত্রৰ নাম ৷ হিড়িম্ব নামৰ ৰাক্ষসৰ ভনীয়েক হিড়িম্বা , বলৱান ভীমৰ পত্নী আৰু বীৰ ঘটোৎকচৰ মাতৃ আছিল ৷ হিড়িম্বাক অসমৰ ডিমাছা জনজাতিৰ জননী বুলি কোৱা হয় ৷ মনটো ভাল লাগি গ'ল ৷ সুদূৰ হিমাচল প্রদেশৰ এক দুর্গম এলেকাত ডিমাছা জনগোষ্ঠীৰ জননীৰ প্রতিমূর্তি থকাটোত নিশ্চয়  কিবা নহয় কিবা ইতিহাস জড়িত হৈ আছে ৷

        ১২ শ' শতিকাৰ এই খজ্জি মন্দিৰৰো এক পৌৰাণিক ইতিহাস আছে ৷ বহু যুগ আগৰ কথা,চম্বা জিলাত 'ৰাণে' নামৰ লোকৰ বসতি আছিল ৷ তেওঁলোকে 'লিলী' নামৰ গাওঁখনৰ সমুখত থকা পাহাৰখনত জ্বলি থকা একুৰা জুইৰ পোহৰ দেখা পালে ৷ সেই ঠাইত প্রচুৰ ধন-সম্পত্তি পোৱা যাব বুলি ঠাইডোখৰ খান্দিবলৈ ল'লে ৷ তাৰ পৰা চাৰিজন নাগ দেৱতা প্রকট হ'ল ৷ চাৰিওজনক দোলাত তুলি তাৰ পৰা লৈ আনিবলৈ ধৰিলে ৷ তেতিয়া নাগদেৱতাসকলে ক'লে "যি ঠাইত আমাৰ দোলাৰ ভাৰ বেছি গধূৰ হ'ব আমি তাৰ পৰা পৃথক হৈ যাম" ৷ 'সুক্রেহি' নামক ঠাইত দোলাখন গধূৰ হৈ পৰিল ৷ তাৰপৰা তেওঁলোক পৃথক হ'ব ধৰিলে ৷ চাৰিজন ভাই-ককাই নাগদেৱতা ক্রমান্বয়ে 'নঘূঁই' , 'জমুহাৰ' , 'খজ্জিয়াৰ' আৰু 'চুৱাড়ী' নামৰ ঠাইত থাকি গ'ল ৷

         'খজ্জিয়াৰ'ত এসময়ত সিদ্ধ বাবাৰ স্বামীত্ব আছিল ৷ খজ্জিনাগে তেওঁক নিজৰ জ্যেষ্ঠ ভ্রাতৃৰ সহায়ত 'সৰপাস' নামৰ এবিধ খেলত হৰুৱাইছিল আৰু এই ঠাইডোখৰ জয় কৰি লৈছিল ৷ সিদ্ধ বাবাই হাৰ মানি লোৱাৰ পাছত ক'লে 'তই ইয়াতে "খা" আৰু "জী"য়াই থাক' ৷ তেতিয়াৰ পৰা সেই নাগৰ নাম 'খজ্জিনাগ" হৈ পৰিল আৰু ঠাইডোখৰৰ নাম 'খজ্জিয়াৰ' 'ল ৷ 'খজ্জিনাগ'ৰ পৌৰাণিক নাম 'পূম্পৰ' নাগ ৷

      'চম্বা'ত বহুতো নাগ মন্দিৰ আছে ৷ তাৰ ভিতৰত থকা 'খজ্জিয়াৰ'ৰ এই নাগ মন্দিৰ ধার্মিক,ঐতিহাসিক তথা পুৰাতাত্বিক মহত্ত্বৰ বাবে প্রসিদ্ধ ৷ ৮০০০ বছৰ পুৰণি  এই মন্দিৰৰ গর্ভ গৃহত নাগদেৱতাৰ প্রস্তৰ মূর্তি প্রতিষ্ঠা কৰা আছে ৷ মন্দিৰ প্রাঙ্গনত থকা কাঠৰ প্রতিমাবোৰে পাণ্ডৱসকলক দর্শায় ৷ এই কাষ্ঠ প্রতিমাবোৰ ১২ শ' শতিকাৰো পূর্বৰ ৷ ১৬ শ' শতিকাত 'চম্বা'ৰ ৰজা বলভদ্র বর্মনে এই মন্দিৰত পাণ্ডৱসকলৰ কাষ্ঠ মূর্তি স্থাপন কৰোৱায় ৷ পুনৰ ১৭ শ' শতিকাত এই মন্দিৰৰ জীর্ণদ্বাৰ ৰজা পৃথিৱী সিংহৰ ( ১৬৪১ - ১৬৬৪ ) ধাত্রী বাটলুৱে নির্মাণ কৰোৱাইছিল ৷

           নাগমন্দিৰৰ পৰা মাত্র কেইখোজমান আঁতৰত এটি সৰোবৰ আছে ৷ এই সৰোবৰৰো এক ৰহস্য আছে ৷ দেখাত সৰু যেন লগা এই সৰোবৰৰ গভীৰতাৰ হেনো কোনো অন্ত নাই ৷ স্থানীয় লোকৰ বিশ্বাসমতে শেষনাগৰ অৱতাৰ খজ্জিনাগ স্বয়ং ইয়াতে বাস কৰে ৷ এই সৰোবৰত 'মণী-মহেশ'ৰ স্নানৰ সময়ত ইয়াত পৱিত্র স্নান কৰা হয় ৷ এটি পুৰণি তথ্য অনুসৰি এজন গৰখীয়া এই ফালেদি গৈ থাকোতে পিয়াহ লাগিল ৷ সৰোবৰৰ পানী খাই থাকোতে তেওঁৰ কর্ণফুলজোৰ পানীত পৰি গ'ল ৷ তেওঁ তাৰ পৰা গুছি গ'ল ৷ গৈ গৈ 'চুলতানপুৰ' (চম্বা) নামৰ স্থানত পানী থকা ঠাই এডোখৰ দেখা পাই তাত পানী খাবলৈ ধৰিলে ৷ পানী খাই থাকোতে তেওঁ নিজৰ কর্ণফুলজোৰ তাতে পালে ৷ স্থানীয় লোকে যিকোনো শুভকার্য্য কৰাৰ পূর্বে এই সৰোবৰত স্নান কৰি নাগ মন্দিৰৰ দর্শন কৰে ৷

        স্থানীয় লোকে কেতিয়াবা পাচিত ফুল,কেতিয়াবা পাচিত শহাপহু ভৰাই আনি পর্যটকৰ ফটো তুলি দুপইচা অর্জন কৰে ৷ আমিও স্মৃতিস্বৰূপে কেইখনমান ফটো তুলি ল'লো ৷ আনফালে কেইটামান দলে সৰু সৰু ল'ৰা-ছোৱালীৰ বাবে বিভিন্ন খেলা-ধূলা , 'পেৰা চেইলিং' আৰু 'পেৰা গ্লাইডিং' কৰোৱাই আছে ৷ আমাৰ ল'ৰা-ছোৱালীহালে 'পেৰা চেইলিং' কৰিবলৈ মন কৰিছিল যদিও ভয় কৰি আছিল ৷ মই কলেজীয়া জীৱনত NCC ৰ মাধ্যমেৰে কেবাবাৰো 'পেৰা চেইলিং' কৰাৰ অভিজ্ঞতাৰ বৃতান্ত শুনাই সিহঁতৰ মনত সাহস যোগালোঁ ৷ সিহঁতেও মোৰ পৰা সাহস পাই 'পেৰা চেলিং' কৰিলে ৷ বহুপৰ তাত থাকি ঠাইখনৰ সৌন্দর্য্য উপভোগ কৰিলোঁ যদিও হেঁপাহ নপলালে ৷ তথাপিও এইবাৰ আমি  'খজ্জিয়াৰ' এৰি আহিবলৈ সিদ্ধান্ত ল'লো  ৷ স্থানীয় লোকে আশে-পাশে থকা দুই-এখন চাবলগীয়া ঠাইৰ নাম কৈছিল যদিও আমি পোনে পোনে দিল্লীলৈহে উভতি যোৱাৰ কথা ভাবিলোঁ ৷

     'খজ্জিয়াৰ' গৈ আমি প্রকৃতিৰ যি সৌন্দর্য্য উপভোগ কৰিলোঁ সেয়া জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম ৷

(ক্রমশঃ)


পৃষ্ঠা ৩৫

গল্প ঃ

প্ৰত্যাগমন

পল্লৱী কৌশিক শৰ্মা

ডিমৰুগুৰি / নগাওঁ, ফোন - 9101203554

কপালত আঁকি লোৱা ৰক্তিম সুৰুজক.. চিৰদিনলৈ..অস্তাচলত বিদায় দিয়াৰে পৰা.. আন্ধাৰৰ আৱৰণ পিন্ধি লোৱা অনুপ্ৰভাৰ জীৱনৰ.. সপোনবোৰ.. হাঁহি-ধেমালিবোৰ.. বালি ঘৰ খহা দি যেন খহি পৰিল ক'ৰবাত...। সেন্দুৰীয়া অলিটোৱে... শুভ্ৰতাৰ সাজযোৰ পিন্ধাৰ লগে লগে.. এনেকৈ সলনি হয় নে কথাবোৰ..? এনকৈ সলনি হয় নে জীৱনৰ গতি..? 

কিয় এনে অনুভৱ হৈছে আজি তেওঁৰ... "কাৰবাবে নো লৈ আছে এই উশাহটো..? কিয় নো মৰি মৰি জীয়াই আছে..?
শৰীৰটো আছে যদিও.. তেওঁৰ... উশাহৰ  ঠিকনাই দেখোন হেৰাই গৈছে..।' 
উশাহতো যেন ল'ব লাগে বাবেই লৈছে.. খোজটো দিব লাগে বাবেই দিছে..। কিয় ইমান কষ্ট অনুভৱ হৈছে দৈনন্দিন কামবোৰ কৰাত..? কিয়.. তেওঁ চিন্তাৰ আঁত হেৰুৱাইছে..?  কিয় নিজৰেই সৃষ্ট...মন আৰু মগজুৰ অপ্ৰত্যাশিত যুজঁ খনত.. এটা মধ্যম বিন্দুত ওলমি ৰৈছে তেওঁ.. য'ৰ পৰা আগুৱাই আহিব বিচাৰিও আগুৱাই অহাৰ বাটতো বিচাৰি পোৱা নাই ...আৰু পিছুৱাই যোৱাৰ ও কোনো উপায় দেখা নাই..! 

দৃষ্টিয়ে পৰিধি চুমিব পৰালৈকে... অনবৰতে কিয় দুচকুৰে চলাথ কৰি ফুৰিছে.. তেওঁৰ জীয়াই থকাৰ প্ৰধান কাৰণটোক..? তেওঁতো ইমান অবুজ নহয়..ইমান অজ্ঞ নহয়.. যে.. বুজি নাপায় জীৱনৰ সমীকৰণবোৰ..। নাজানে.. অনন্ত ধামলৈ গতি কৰা কোনোবা এজন..হাজাৰ বিচাৰিলেও যে কোনোদিন উলটি নাহে..। 

কিয় পাহৰি গৈছে তেওঁ.. তেওঁৰ মুখলৈ চাইয়েই.. আজি তেওঁৰ অংশ এটা ও জীয়াই আছে তেওঁৰ লগতে..! কথাবোৰ মানি ল'ব বিচাৰি ও কিয় মানি ল'ব পৰা নাই মনটোয়ে..?  প্ৰতি নিয়ত..প্ৰতি পল তেওঁৰ আশে-পাশে কিয় অনুভৱ কৰিছে.. এক অশৰীৰি সত্বাৰ উপস্থিতি.. যি তেওঁৰ.. কলিজাটোক কুটি কুটি খাই থকা ...যন্ত্ৰণাবোৰৰ পৰা মুক্ত কৰিব  বিচৰা নাই...।
কিমান নিশা তেওঁ যে প্ৰলাপ বকি বকি... অসংযত অৱস্থাৰে মনৰ মানুহজনক বিচাৰি বাহিৰলৈ ঢাপলি মেলিছে..! 

:- অ'ৰি.. কি কৰি আছে নো অ' তাতে ৰৈ..। নিশা বহুত হ'ল ..। ভিতৰলৈ সোমাই আহক । ঠাণ্ডা পাব নহয়..।
মানুহজনক যেন গপা মাৰি ধৰি ভিতৰলৈ লৈ আহিব অনুপ্ৰভাই..। 
আৰু পিছ মুহূৰ্ত্বতে.. বলিয়াৰ দৰে.. ইফালে সিফালে তেওঁক বিচাৰি হায়ৰণ হৈ পৰিছে। 

:- কিয় গুচি গ'ল অ' মোক অকলে এৰি..?  কিয় লগতে লৈ নগ'ল মোক ও..? মোৰ জীৱনৰ পৰা ৰংবোৰ কিয় নাইকিয়া কৰি দিলে..? কেনেকৈ আপুনি ইমান নিষ্ঠুৰ হ'ব পাৰিলে..? মোৰ কথা এবাৰলৈ ও নাভাবিলে আপুনি..? 
জুপুকা মাৰি এচুকত বহি বহি হঠাৎ আটাহ একোটাৰে চিঞঁৰি চিঞঁৰি কান্দিছে তেওঁ..। আকৌ...কোনোবা সময়ত.. এৰি অহা দিনবোৰৰ মধুৰ স্মৃতিবোৰ সোঁৱৰি.. ওঁঠত বিয়পাই লৈছে এটি মিচিকিয়া হাঁহি..।

হেৰুৱাৰ বেদনা ইমান গধুৰ নে..? 
মৃত্যু হেনো এক চিৰন্তন সত্য...মৃত্যু এক শিল্প... । তেনেহ'লে এই সত্যৰ প্ৰতি ইমান অনাস্থা কিয় সকলোৰে..? কিয় এই শিল্পৰ প্ৰতি নাথাকে কাৰো হাবিয়াস..? কিয় মৃত্যু কাৰো কাম্য নহয়.. হ'ব নোৱাৰে কেতিয়াও..? 
আচলতে ... উত্তৰ বিহীন এক জটিল সাঁথৰ..মৃত্যু...!

নীৰৱ..নিস্তেজ হৈ পৰা ঘৰখনৰ এটা চুকত.. প্ৰচণ্ড ধুমুহা এজাকত ও.. দৃঢ়তাৰে ঠিয় হৈ থাকিবলৈ..ইমান বছৰে সাহস দি.. খামোচ মাৰি ধৰি থকা হাতখন.. হঠাৎ এৰাই যোৱাৰ দুখত.. দুচকুৰ সপোনটোক হত্যা কৰি.. বহি আছে অনুপ্ৰভাৰ একমাত্ৰ পুত্ৰ কৌশিক..। এফালে.. পিতৃক হেৰুৱাৰ বেদনাৰে জৰ্জৰিত..আনফালে মাতৃৰ উদাসী দুচকু আৰু মৃতপ্ৰায় অৱস্থাটো..। মাকক লক্ষ্য কৰি.. সি নীৰৱে চকুলো টুকিছে মাথোঁ..।

কি কৰে এতিয়া সি..? দেউতাকে এৰি যোৱা মাত্ৰ ডেৰ মাহ হৈছে..। অহা মাহত তাৰ এ. পি.এচ. চি ৰ চূড়ান্ত পৰীক্ষা..। ইমান বছৰে আলফুলে মনতে সজাই ৰখা সপোনটোক.. সঁচা কৰাৰ সময় এইয়া..। কিন্তু সি মাককেই চোৱা চিতা কৰে নে ... পৰীক্ষাৰ বাবে সাজু হয়..!! 

দেউতাকৰ বৰ ইচ্ছা আছিল.. পুতেক প্ৰশাসনিক বিষয়া হ'ব..। 
এজন সৎ নাগৰিক হ'ব..। মাক দেউতাকৰ নাম উজ্জ্বলাব..। কিমান যে যত্ন নকৰিছিল তেওঁ কৌশিকৰ সপোনটোক বাস্তৱ কৰিবলৈ..। কিমান যে হেঁপাহ আছিল পুতেকক এদিন সেই ৰূপত চাবলৈ..। 
আৰু কৌশিক..? 
সি ও দেউতাকৰ সেই আশাবোৰক... সাৰ পানী দি.. তেওঁৰ সপোনাটোক ইমান দিনে জীয়ন দি আহিছে...। দুচকুত গজালি মেলা.. দেউতাকৰ সপোনটোক..সঁচা কৰাৰ প্ৰচেষ্টাৰে নিজকে প্ৰস্তুত কৰি তুলিছে..।  সপোনটোক হত্যা কৰিবও মনে নকয়..। কিন্তু সি যে নিৰূপায়..!

মাকেও কৈছে.. "তুমি পৰীক্ষা দিয়া বেটা..।"
কিন্তু কিতাপ খন চকুৰ আগত ল'বলৈ.. মাকক যে সি অলপ পৰৰ বাবে হ'লেও চকুৰ আঁৰ কৰিব লাগিব ..। চকুৰ আঁৰত বা মাকজনীয়ে কি কৰি পেলাই..!! মুঠতে দুই নাও দুই ভৰি যেন অৱস্থা এতিয়া তাৰ..।

কথাবোৰ ভাবিলে..বুকুখনত দেখোন অসহনীয় বিষ এটাই হুলে বিন্ধা দি বিন্ধে কৌশিকক....। বিষটোয়ে যেন..উশাহটো ও চেপি ধৰিব বিচাৰে.. । চকুৰ আগত সকলোবোৰ অস্পষ্ট হৈ পৰে তাৰ..।
মাকজনীয়ে নো কি দৰে সহে বাৰু.. ছাঁটোৰ দৰে অনবৰতে লগতে থকা তেওঁৰ প্ৰিয়তম পুৰুষ জনৰ অনুপস্থিতি..। সুখে-দুখে.. বতাহে-ধুমুহাই.. জীৱনৰ ত্ৰিশটা বসন্ত গৰকি অহা তেওঁৰ সহযাত্ৰী জন হঠাতে অনন্ত কাললৈ হেৰাই গ'ল.. কি দৰে বুজাই নিজকে..? 

সময়ে এদিন সকলো স্বাভাৱিক কৰি তুলিব বুলি গভীৰ বিশ্বাস..মনতে ৰখা কৌশিকৰ বৰ্তমান পিছে..হাতত সময় নাই বুলিয়েই ক'ব পাৰি ..। আকস্মিক ধুমুহাজাকে.. তচনচ কৰি পেলালে... সপোনৰ জুমুঠিটো..। সপোনৰ কেনভাচত ৰং বোলাবলৈ ভয় এতিয়া...? আৱতৰিয়া বৰষুণ এজাকে যদি উটুৱাই লৈ যায় ৰংবোৰ..!
অনুপ্ৰভাই তাক লিখা পঢ়াত মন দিব কৈছে ।.. কিন্তু কৌশিকে অনুভৱ কৰে.. মাকে ক'ব লাগে বাবে হে কৈছে কথা কেইটা..। সি পৰীক্ষা দিয়ে নিদিয়ে..তাক লৈ চিন্তিত হ'ব পৰাকৈ মাক বৰ্তমান মানসিক ভাবে সুস্থ নহয় ।



পৃষ্ঠা ৩৬

"বৰ নিলাজ তই... ।
স্থান..কাল..পাত্ৰ.. একোকে নুবুজ'... ।
যাকে-তাকে ...য'তে-ত'তে সাৱটি ধৰ'...
এৰাই আহিব নোৱাৰাকৈ...।
চিৰন্তন সত্য যদিও তোৰ অস্তিত্বক মানি ল'বলৈ বৰ কঠিন অ' মৃত্যু.... ।
তোৰ স্পৰ্শই মাথোঁ অসহনীয় বেদনা এগাল দি যায়.. 
আৰু বুকুত এটুকুৰা ঘাঁ... ।
কেতিয়াও নুশুকুৱা...।"

ডায়েৰীৰ পাত এখিলাত.. মনৰ ভিতৰৰ অশান্ত ধুমুজাকক লিপিবদ্ধ কৰি...টেবুলৰ কিতাপ বহীবোৰৰ ওপৰত চামনি বন্ধা ধূলিবোৰ.. কাপোৰ এখনেৰে সযতনে পৰিষ্কাৰ কৰি.. ৱাল অলমাৰীটোৰ এটা খাপত পৰিপাটিকৈ ভৰাই থ'লে কৌশিকে..। 
দেউতাকক হেৰুৱালে.. এতিয়া সি আওকাণ কৰিলে মাকজনীৰো যদি নহব ল'গা কিবা এটা হয়..!! 

নাই..নাই.. সহিব নোৱাৰিব সি..। আমৃত্যু.. অনুতাপৰ জুই একুৰাত জ্বলি জ্বলি মৰিব লাগিব ...। 

বুকুখন কঁপি উঠে কৌশিকৰ..। ভয় লাগে তাৰ..। খুব ভয় লাগে...। অকলশৰীয়া হৈ পৰে বুলি ভয় কৰে সি..। 
"দেউতা" শব্দটো উচ্চাৰণ কৰাৰ কাৰণ এটা চিৰদিনলৈ নাইকিয়া হৈ যোৱাৰ দৰে.. "মা" শব্দটো ও যদি হেৰাই যায় জীৱনৰ পৰা..!
 
----------------

ঘৰৰ কামবোৰ কৌশিকেই কৰে আজিকালি..। পানী এগিলাচ ও কোনোদিন নিজেই লৈ নোখোৱা ল'ৰাটোৱে.. পাকঘৰত ৰন্ধা-বঢ়া কৰে..। মাকক যতনেৰে খোৱাই দিয়ে..। সৰুতে মাকে কোলাত লৈ.. নিচুকনি গীত গাই গাই.. তাক উমলোৱাৰ দৰে..আজিকালি মাকক ও সি বুকুৰ মাজতে সোমোৱাই লৈ.. শুৱাবলৈ চেষ্টা কৰে..। 

:- শুই থাকাচোন মা..। কি নো একেবোৰকে ভাবি থাকা অ'..। দেউতাই তুমি এনেকৈ থকা দেখিলে কিমান দুখ পাব জানা নে..? 
অনুপ্ৰভাই কৌশিকৰ কথা কেইটা শুনি.. খপজপকৈ চাদৰৰ আচলৰে চকুপানী খিনি মুচি লয়..। চকু দুটা জোৰকৈ মুদি টোপনিয়াব যত্ন কৰে..। 
মানুহজনে দুখ পাব..। নাকান্দে অনুপ্ৰভাই..। মনটো ডাঠ কৰে..। মানুহজনক দুখ দিব নোৱাৰে তেওঁ..। তথাপিও.. কিমান যে উজাগৰী নিশা পাৰ কৰিছে মানুহ জনকে সুঁৱৰি..। 

দিনটোৰ বেছিভাগ সময়..গোঁসাই ঘৰ খনতে..লেপেটা খাই বহি.. থাপনাৰ মূৰ্তি কেইটালৈকে.. চাই চাই..অস্পষ্ট শব্দ কিছুমানেৰে কিবা কিবি খন বিৰবিৰাই থাকে অনুপ্ৰভাই আজিকালি..। নেদেখাজনৰ লগত তেওঁ.. এখন শীতল যুদ্ধত নামি পৰে..। 

:- তোমাক পূজা নকৰো যোৱা প্ৰভু.. । তুমি মোৰ জীৱনৰ পৰা আটাইতকৈ মূল্যবান বস্তুটোৱেই কাঢ়ি লৈ গ'লা..। নজ্বলাও আৰু কোনোদিন.. তোমাৰ ওচৰত বিশ্বাসৰ চাকি গচ । 

অনুপ্ৰভা অস্থিৰ হৈ পৰে..। শোকবোৰ বুকুৰ পৰা উজাই আহি... ডিঙিটো চেপা মাৰি ধৰে..। গিৰিয়েকৰ মুখ খনে.. গলগলীয়া মাতষাৰে.. আমনি কৰে অনুপ্ৰভাক..।



পৃষ্ঠা ৩৭


আজি অনুপ্ৰভাৰ গিৰিয়েকৰ.. মৃত্যুৰ দুমহীয়া তিথি..। দেউ এজন আনি গীতা পাঠ কৰাইছে কৌশিকে..। মাহ-প্ৰসাদ কেইটাৰ যোগাৰ ও সিয়েই কৰিছে..। আমন-জিমনকৈ অনুপ্ৰভাই ও পুতেকৰ লগতে ইটো সিটো কৰি দিছে..। 

এপাকত বাহিৰৰ ফুলনী ড'ৰাৰ পৰা.. বগা গোলাপ কেইপাহমান ছিঙি আনি.. শোৱা কোঠাৰ সৰুটেবুলখনত গিৰিয়েকৰ ফটোখন..চাকি ধূপ সহ সজাব ধৰিলে অনুপ্ৰভাই..। থোপা-থোপকৈ ফুলা শুভ্ৰ গোলাপবোৰ বৰ প্ৰিয় আছিল মানুহজনৰ..। পুৱা গধূলি.. গোলাপৰ সৌন্দৰ্য্যত ডুব যাবলৈকে বাৰাণ্ডাত বহি চাহৰ জুতি লোৱাটো অভ্যাস হৈ পৰিছিল তেওঁৰ..। দীঘলীয়া ঘৰটোৰ আনটো মূৰত থকা পাকঘৰটোৰ পৰা... এচোৱা বাট চাহ কাপ কঢ়িয়াই আনিব লগা হোৱাৰ বাবে... কিমান যে কথা নুশুনাইছিল অনুপ্ৰভাই তেওঁক..।

কথাবোৰ সোঁৱৰি ভাৱগধূৰ হৈ পৰা অনুপ্ৰভাই, উথলি উঠা দুখবোৰক বাধা দি ৰাখিব নোৱাৰিলে..। চকুপানীৰ ঢল এটাই ধূসৰ কৰি পেলালে সন্মুখৰ ফটোখন..শুভ্ৰ গোলাপ কেইপাহ..। 

সজল চকুৰে...দিয়াচলাইটো উঠাই লৈ.. কাঠি এটা জ্বলাই.. শলিতা ডালত লগাই দিলে তেওঁ..। চাকি গচ নজ্বলিল..। নুমাই গ'ল..। 
বাৰে বাৰে একেটা কামকে কৰি থাকিল অনুপ্ৰভাই..। বাৰে বাৰে বিফল হ'ল..। এপাকত মন কৰিলে... চাকি গচত তেলক'ণ দিবলৈকে পাহৰি আছে দেখোন তেওঁ..। 
চকুপানীখিনি মুচি.. কাষতে থকা বটলতোৰ পৰা তেল অলপ ঢালি.. চাকি গচ জ্বলাই.. সম্ভিত ঘূৰাই পোৱা মানুহৰ দৰে... কোবা-কোবিকৈ কৌশিকৰ ওচৰ পালেগৈ অনুপ্ৰভা..।  

:- বেটা.. আজি দেউতাই আমাক এৰি যোৱা দুমাহ হ'ল..। হেৰুৱাৰ বেদনা সহজে পাহৰিব নোৱাৰি..। দেউতা আমাৰ মাজত সো-শৰীৰে নাথাকিলেও.. আমাৰ মনত কিন্তু সদায় জীয়াই থাকিব..। এই ঘৰ খনৰ প্রতিটো চুকে-কোনে তেওঁৰ অস্তিত্ব বিচাৰি পাম আমি..। প্ৰতিটো মুহূৰ্ত্বত.. তেওঁ আমাৰ মন মগজুত.. সজীৱ হৈ থাকিব..। 
দেউতা গুচি গ'ল বাবেই.. তুমি যদি তোমাৰ সপোনবোৰ আধৰুৱা কৰি ৰাখা.. তেওঁৰ আত্মাই বহুত কষ্ট পাব সোনটো..। 

( ক্ষন্তেক ৰৈ..দীঘলকৈ উশাহটো টানি.. পুনৰ ক'ব ধৰে তেওঁ..)

যোৱা বেটা.. এতিয়াৰ পৰা পুনৰ নতুন উদ্যমেৰে নিজকে সাজু কৰা..। দুচকুৰ সপোনবোৰক পাখি মেলি উৰিব দিয়া..। কিতাপ বহীবোৰ উলিয়াই.. সকলোবোৰ নতুনকৈ আৰাম্ভ কৰা..। দেউতা নাই... এই চৰম সত্যটোক মানি ল'বই লাগিব আমি..। এইবাৰ তোমাৰ সপোনৰ সহযাত্ৰী তোমাৰ মা হ'ব..। দেউতাৰ অবিহনে.. তোমাৰ সপোন পুৰোৱাৰ দায়িত্ব মোৰ হ'ব..।

কৌশিকৰ কোঠালৈ গৈ.. অলমাৰীৰ পৰা কিতাপবোৰ উলিয়াই.. টেবুলখন নিজ হাতেৰে সুন্দৰকৈ সজাই দিলে তেওঁ...আৰু দেউতাকৰ ফটো এখন.. টেবুলখনৰ ওপৰতে.. আৰি দিলে....।

:- এইয়া চোৱা.. দেউতাই কেনেকৈ চাই আছে তোমাক..। 
ফটোখন চাদৰৰ আচলেৰে মুচি মুচি..অনুপ্ৰভাই.. কথা কেইটা কৈ..কৌশিকৰ মনৰ.. ভয়-শংকা বোৰ..যেন দূৰ কৰিব যত্ন কৰিলে..।

অৱশেষত উপলব্ধি কৰিব পাৰিলে অনুপ্ৰভাই.. কৌশিকে জ্বলাব বিচৰা আশাৰ চাকি গচ.. নুমাব দিব নোৱাৰি..। চাকি গচৰ শলিতা ডাল জ্বলিবলৈ... প্ৰয়োজন হোৱা তেলখিনিৰ দৰে.. মাকে ও তাক সাহস দিব লাগিব..। সময়ত....তাৰ প্ৰেৰণা হ'ব লাগিব..। তাৰ সপোনটোক নিৰাপত্তা দিব লাগিব..। 

চাকিৰ পোহৰে.. অনুপ্ৰভাৰ মনৰ আন্ধাৰবোৰ ও আঁতৰাই দিলে.. আৰু সেই পোহৰত স্পষ্ট হৈ পৰিল.. কৌশিকৰ দুচকুত ওলমি ৰোৱা কেঁচপতীয়া সপোনটো..।

তাকেইতো ইমান দিনে... মনে প্ৰাণে বিচাৰি আহিছিল কৌশিকে..। মাকৰ সেই মানসিক পৰিৱৰ্তনত.. আশ্বস্ত হ'ব পৰাকৈ নিৰাপত্তা অনুভৱ কৰিলে সি..।
ফৰকাল হৈ পৰিল কৌশিকৰ ডাৱৰ ডাৱৰ মনটো..। মাকক সি আৱেগেৰে সাৱটি ধৰিলে..আৰু কাণতে লাহেকৈ কৈ উঠিল.
" ঠেংক ইউ মা..।"

কেতিয়াবা... মৌনতাই ও বহু নোকোৱা কথা কৈ যায়..। অনুপ্ৰভাই .. কৌশিকৰ মৌন ভাষা বোৰ যেন তৎক্ষণাত..
পঢ়ি পেলালে..। তেওঁৰ গৰ্ভত পালিত.. স্বৰ্গগামী স্বামীৰ এটা অংশই.. জীয়াই থকাৰ প্ৰকৃত অৰ্থক যেন বোধগম্য কৰালে তেওঁক..।  
কৌশিকৰ সেই মৌন আলিংগনে যেন  কৈ গ'ল....
" আমি ইজনে সিজনৰ বাবে জীয়াই থাকিব লাগিব মা..। আমি জীয়াই থাকিম ..।"

ভাল-বেয়া..পোৱা-নোপোৱা..দুখ-যাতনা সকলোবোৰ চালি জাৰি চাই অনুভৱ হয় ..সহজলভ্য নহ'লেও দুষ্প্ৰাপ্য নহয় জীৱনৰ ৰঙ....।
ভালপোৱা যায় জীৱনক.... ।
ভালপোৱা জনৰ দৰেই... ।
নিস্বাৰ্থ ভাৱে ..


পৃষ্ঠা ৩৮

গল্পঃ

দেউতাৰ পদূলিত গোন্ধাইছে মালতী

প্ৰতিভা ভাগৱতী শৰ্মা
নগাঁও

     সৰলা বৃদ্ধাশ্ৰমৰ পদূলিত ৰমকজমককৈ ফুলি থকা মালতী ফুলজোপাৰ সুগন্ধিয়ে আমোলমোলাই তুলিছে পৰিৱেশটো। আশ্ৰমৰ সকলো লোকৰে প্ৰিয় আৰু খুবেই আপোন এই গোন্ধটো। অধ‍্যাপক বৰুৱাই তেওঁৰ একমাত্ৰ পুতেকৰ কোনোবা এটা বৰ্ষৰ শুভ জন্মদিনৰ শুভ মুহূৰ্তত ৰোপণ কৰিছিল এই মালতী ফুলজোপা। পিতৃ মাতৃয়ে মৰমৰ পুত্ৰৰ আব্দাৰ বোৰ পূৰণ কৰাৰ মাজতো ফুলজোপাৰ যত্ন ল'বলৈ এৰা নাছিল।দেউতাকে এদিন ফুলজোপাৰ ওচৰত নি পুত্ৰক কৈছিল --

"মই কেতিয়াবা তোৰ ওচৰত নাথাকিলেও  তই মোক এই ফুলজোপাৰ মাজত বিচাৰি পাবি। তই যেতিয়া এই ফুলজোপাৰ ওচৰত আহিবি তেতিয়া তই অনুভৱ কৰিব পাৰিবি এটা আপোনত্বৰ গোন্ধত তোৰ বুকু জুৰ পৰিছে।"

        পুতেক মদাৰজ‍্যোতি বিচলিত হৈ পৰে দেউতাকৰ কথাত । খন্তেকীয়া আৱেগত তাৰ বুকুখন ভাগি পৰে। সেই সময়ত বাৰবছৰীয়া মদাৰে দেউতাকক হেৰুৱাৰ ভয়ত সাগৰ সদৃশ অশ্ৰুকণাবোৰ কলিজাৰ একোণত দ'মাই ৰাখে। দেউতাকক দেখুৱাই সি কান্দিব নোখোজে। মাথোঁ দেউতাকৰ থুঁতৰিত হাতখনেৰে হেঁচা এটা মাৰি পুনৰাই এনে কথা নক'বলৈ সঁকিয়াই দিয়ে।

 "হেৰি শুনিছেনে ? আমাৰ মদাৰৰ কিন্তু মনটো মদাৰ ফুলৰ দৰে ৰঙা। সি আমাক বৰ সমীহ কৰি চলে।"

          মাকৰ কথাৰ উত্তৰ একেই দেউতাকৰ বাবেও। কিন্তু......? এক গভীৰ প্ৰশ্নই তেওঁক তোলপাৰ লগাই মনটোত কোনোবা সময়ত। পত্নীক কৈ উঠে মনত গুজৰি গুমৰি থকা সেই মদাৰ নামৰ অন্তৰ্নিহিত অৰ্থ।

"বুজিছা সৰলা। ৰঙীণ সুবাস বিলোৱাৰ আশাত তুমি ল'ৰাৰ নাম মদাৰজ‍্যোতি ৰাখিলা সঁচা। কিন্তু মদাৰ ফুল জানো পূজাত লাগে। মোৰ কেতিয়াবা বৰ ভয় হয় হে জানোছা আমাৰ দুয়োৰে সংস্কাৰ অথলে যায়।"

         চিন্তাক্লিষ্ট আজি অধ‍্যাপক বৰুৱা। ইঞ্জিনীয়াৰ পুত্ৰ চহৰত থাকে। মাক-দেউতাকে পঢ়াই-শুনাই বিয়া-বাৰু কৰাই দিয়ালৈকে সকলো খিনি দায়িত্ব পালন কৰিছে। চহৰৰে নামজ্বলা কোনোবা ব‍্যৱসায়ীৰ একমাত্ৰ দুহিতাক বিয়া কৰাই মদাৰ আজি ঘৰজোঁৱাই। প্ৰথমে ঘনকৈ গাঁৱৰ ঘৰখনত আহিছিল যদিও এতিয়া অহাটো একেবাৰে পাতলিছে। প্ৰায় নাহে বুলিয়েই ক'ব লাগিব।

       সৰলা বিছনাত পৰি আছে। তেওঁৰ দুয়োটা কিডনী বিকল হৈ পৰিছে। ডায়েবেটিচ আছিল তেওঁৰ। কিডনি এফেক্ট কৰিছে। বৰ্তমান শেষ অৱস্থা তেওঁৰ। অধ‍্যাপক বৰুৱাই তীব্ৰ যন্ত্ৰণাত ভুগি থকা পত্নীৰ কাষত বহি হাতৰ আঙুলিবোৰ টানি আছে লাহে লাহে। মূৰৰ চুলিখিনি লিৰিকি বিদাৰি আছে। পতিৰ শুশ্ৰূষাত আৰাম পাই সৰলাই মাজে মাজে চকুকেইটা মুদি টোপনি যাবলৈ চেষ্টা কৰিছে। আকৌ সাৰপালে পুত্ৰ মদাৰক বিচাৰি হাঁহাকাৰ কৰিছে। একমাত্ৰ পুত্ৰৰ শেষ হাতৰ পৰশ কণৰ আশাত মাতৃ হৃদয় বিয়াকুল হৈ পৰিছে।

        বৰুৱাই ফোনৰ উপৰি ফোন কৰে পুত্ৰক। পুত্ৰ মদাৰৰ এটাই উত্তৰ আজি যাম কালি যাম। তাৰ মতে কামত বহুত ব‍্যস্ত হৈ আছে সি। গতিকে ঘৰত সময় দিব পৰা নাই। ঔষধ পাতি ঠিকমতে খুৱাই থাকিবলৈ উপদেশ দিয়ে দেউতাকক।

       আজি দুদিন ধৰি বৰুৱাৰ পত্নীয়ে একো এটা আহাৰ মুখত দিয়া নাই। মাত্ৰ মাজে মাজে দুচামুচ মান পানী বৰুৱাই খুৱাই দিছে। কোনোবা সময়ত সেইকণো ওলাই আহে। মুখেৰে ফুটো নুফুটোকৈ ওলাই আহে পুত্ৰ মদাৰৰ নাম। অধ‍্যাপক বৰুৱা দুখত ভাগি পৰিছে। ক'ত ভুল হ'ল তেওঁৰ...???? নিজেই নিজক সোধে। জীৱন নদীৰ সাঁকোডাল ঠিকমতেই নিৰ্মাণ কৰিছিল দেখোন তেওঁ। মাজতে কেনেকৈ ফাঁট মেলিলে বাৰু...???

"নাই নাই। এই কথাই কথা নহয়। মদাৰক যেনে তেনে আজি মাতিবই লাগিব। মাকৰ লগত হয়তো আজিয়েই তাৰ শেষ দেখা হ'ব।"---বৰুৱা সৰলাৰ ওচৰৰ পৰা কাষৰ ড্ৰয়িং ৰুমটোলৈ আহিল। হাতত ফোনটো লৈ ডায়েল কৰিলে পুত্ৰৰ নাম্বাৰ।

"বোপাই অ' ! মাঘৰ বিহুলৈ মাত্ৰ এসপ্তাহ বাকী। মাৰৰ গাটো খুব বেছি বেয়া। বিহুলৈকে থকাকে পাৰিলে আহিব নোৱাৰনে ..? এইকেইদিন একেলগে ভাত কেইসাজমান খোৱাৰ মাৰৰো বৰ ইচ্ছা আছিল। উৰুকাৰ ভোজভাত খাই আমি একেলগে মেজি জ্বলাম এইবাৰ। আহিবি নহ'লে।"

ইথাৰৰ সিপাৰৰ পৰা ভাহি আহিল মাথোঁ কেইটিমান কৰ্কশ আবতৰীয়া শব্দৰ জনজননি।

"একো নহয় দেউতা। মাৰ ভাল হ'ব। মাথোঁ সময়মতে ঔষধ খুৱাব। দেউতা ! নেটৱৰ্ক বৰ বেয়া। মই পিছত ফোন কৰিম।"

      বিচ্ছিন্ন হৈ যায় ফোনৰ লাইনটো। বৰুৱাৰ মুখত জিলিকি উঠে এটা বিকৃত হাঁহি। উস্ কি যে দিনকাল আহিল। চহৰটো নেটৱৰ্ক নাপায়।

       মদাৰ নাহিল। মাঘৰ বিহুৰ মেজিৰ জুইকুৰা জ্বলাৰ আগদিনা ৰাস্তাৰ সিপাৰে জ্বলি উঠিল দপদপকৈ এখন চিতাৰ জুই। গুণগুণণি উঠিল মানুহৰ মাজত কোনে মাকৰ মুখত জুই দিব এতিয়া...?

"অ ' বৰপিতাই ! আজি ইমান দিনে মইয়ে বৰমাইৰ শৌচ-প্ৰস্ৰাৱ চাফা কৰিলোঁ। মোকো ইমানদিনে আপোনালোকে পৰ বুলি নাভাবি সকলো দায়িত্ব নিজৰ ল'ৰাৰ দৰে বহন কৰি আহিছিল। আজি বৰমাইৰ চিতাত জুই দি মোক এই ঋণৰ পৰা মুক্ত কৰক।"

" এৰা ! সঠিক সময়ত তই সঠিক কথাই কৈছ অ' কানাই। যা । আগবাঢ়ি যা। তইহে মোৰ প্ৰকৃত পো।"

     সৰলাৰ সকাম হৈ গ'ল। পুত্ৰক কিন্তু এইবাৰ মাক ঢুকোৱাৰ খবৰ দিয়াৰ প্ৰয়োজন বোধ নকৰিলে দেউতাকে। লাহে লাহে বৰুৱাকো বাৰ্ধক‍্যই আগুৰি ধৰিছে। আগৰ দৰে তেওঁ চলা-ফুৰা কৰিব নোৱাৰা হৈছে।

        আজি বৰুৱা ওলাইছে চহৰলৈ গাঁৱৰে পো-বোৱাৰীৰ পৰা অৱহেলিত শইকীয়াৰ লগত এজন উকীলৰ ওচৰলৈ। তেওঁৰ কিবা এটা হোৱাৰ আগতে মাটি-বাৰী বিলাক গতি লগাব লাগিব।

        অধ‍্যাপক বৰুৱাৰ বাসভৱন আজি পৰিণত হৈছে  "সৰলা বৃদ্ধাশ্ৰম"লৈ। খেতিৰ মাটিবিলাক নামজাৰি কৰা হৈছে কানাইলৈ। বৃদ্ধাশ্ৰমৰ চোৱাচিতাৰ দায়িত্ব অৰ্পণ কৰা হৈছে কানাই আৰু তাৰ পত্নীৰ ওপৰত। বৰুৱাৰ দৰে পুত্ৰ বোৱাৰীৰ পৰা অৱহেলিত সকলো বৃদ্ধৰ বাবে ধুনীয়াকৈ সজাই তোলা হৈছে 'সৰলা বৃদ্ধাশ্ৰম' ।

      শোকত মৰ্মাহত বৰুৱাই পত্নীৰ ফটোখন চাই চকুলো টুকিছে। পত্নীৰ লগত আজি তেওঁৰ বহু কথাই পাতিবলৈ মন গৈছে। পুত্ৰৰ মনত মাক জী নাথাকিলেও পত্নী সৰলাৰ নামেৰে নামাকৰণ কৰা বৃদ্ধাশ্ৰমত তেওঁ সদায় জী থাকিব বিভিন্ন লোকৰ মাজত । অধ‍্যাপনাৰ ব্ৰতেৰে জীৱন নিৰ্বাহ কৰা বৰুৱাই চাকৰি জীৱনত বহু শিক্ষাৰ্থীক তেওঁৰ অপৰিসীম জ্ঞানেৰে জ্ঞানী কৰি তুলিছিল। মাথোঁ উপযুক্ত  জ্ঞানৰ অভাৱ হ'ল তেওঁৰ পুত্ৰৰ ক্ষেত্ৰত। কেৱল পুথিগত জ্ঞানৰ ভাণ্ডাৰেৰে নিজকে আধুনিক বুলি ভৱা পুত্ৰৰ মনটো তেওঁ আধুনিক কৰি সজাই তুলিব নোৱাৰাৰ দুখত একুৰা জুইয়ে দহিছে বৰুৱাৰ কলিজাখন। 

"বৰপিতাই কি হৈছে আপোনাৰ..? চাওঁ উঠকচোন উঠক। পানী...পানী ...।"

বৰুৱা ঢলি পৰিছে মজিয়াত। পানী অনাই পানী আনি  খুৱাই দিছে তেওঁক। কোনোবাই পিঠিখন ঢকিয়াইছে। নাই......! জীৱন বন্তি নুমাই গৈছে বৰুৱাৰ। জীৱনৰ শেষ উশাহটো তেওঁ কানাইৰ হাততে লৈছে। পত্নীৰ চিতাৰ কাষত আকৌ জ্বলি উঠিছে আন এখন চিতাৰ জুই।
  
       নিমাওমাও হৈ পৰিছে সৰলা বৃদ্ধাশ্ৰম। বৰুৱাৰ অভাৱে বৃদ্ধাশ্ৰমৰ চৌদিশে শূন্যতা বিৰাজ কৰিছে।বৃদ্ধাশ্ৰমৰ বাসিন্দাসকলৰো মনবোৰ উৰুঙা হৈ পৰিছে। আজি এবছৰে তেওঁলোকে পাৰ কৰিছে বৰুৱাৰ ৰসাল কথাবিহীন সময়বোৰ।

    হঠাৎ বৃদ্ধাশ্ৰমৰ পদূলিত ৰৈছেহি এখন দামী গাড়ী। গাড়ীখনৰ পৰা নামি আহিছে আঢ‍্যবন্ত যেন লগা এজন পুৰুষ। তেওঁ চিধাই ভিতৰলৈ সোমাই গৈছে মা মা বুলি। সকলোৱে দেখিছে তেওঁক । কিন্তু কোনেও একো কোৱা নাই। কানাইয়ে আথে বেথে বহিবলৈ দিছে। তেওঁ বহা নাই। মাকক বিচাৰি ফুৰিছে। তেনেতে চকু গৈছে বেৰত আঁৰি থোৱা দুখন ফটোলৈ। কাৰণ তেওঁৰ মাক দেউতাক যে এতিয়া ফটোফ্ৰেমতহে আৱদ্ধ। 

"এয়া কি ! মা -দেউতা তাৰমানে.....। মোক তেওঁলোকৰ মৃত্যুৰ সময়ত কোনেও খবৰ নিদিলে। " ফটো ফ্ৰেমত আৱদ্ধ ফটো দুখন চাই চাই তেওঁ ভোৰভোৰাই উঠিল।

     শইকীয়াই বৰুৱাই কৈ যোৱা সকলো কথাই পুত্ৰ মদাৰক চিধাকৈ কৈ উঠিল। লগতে সম্পত্তিৰ কাগজ পাতিও দেখুৱালে। যি পুত্ৰই মাক দেউতাকক শেষ ক্ষণত মাত এষাৰ দিবলৈ সময় নাই সেই পুত্ৰ ত‍্যাজপুত্ৰৰ তুল‍্য। গতিকে এইখন ঘৰত তেওঁৰ এতিয়াৰ পৰা স্হান নাই।

    মদাৰৰ চকুৰ পৰা নিগৰি আহিছে চকুৰ পানী। এই চকুৰ পানী বাধা দিওঁতা কোনো নাই। কেৱল বাৰিষাৰ ঢলৰ দৰে বৈ আহিছে আৰু বৈ থাকিব। সি উভতিব খুজিছে আপোন ঘৰখনৰ পৰা। যিখন ঘৰত সি উমলি জামলি ডাঙৰ হৈছিল সেইখনটো এতিয়া তাৰ ঘৰ নহয়। সেইখন এতিয়া এখন বৃদ্ধ লোকৰ আবাসগৃহ। ঠিকেই। দেউতাকে সঠিক সিদ্ধান্তই লৈছে কুলাঙ্গাৰ পুত্ৰৰ বিপৰীতে।

      গাড়ীখনৰ ওচৰলৈ আগবাঢ়িব ধৰোঁতেই হঠাৎ তাৰ নাকত এটা মলমলীয়া সুগন্ধিয়ে খুন্দা মাৰিলে। আঃ ! কি যে ধুনীয়া ! কি হ'ব পাৰে বাৰু...? ইফালে সিফালে চকু ফুৰালে সি। তাৰ চকু পৰিল বহু স্মৃতি বিজড়িত পদূলি মুখৰ মালতী ফুলজোপালৈ। সি ওচৰ চাপি আহিল ফুলজোপাৰ ওচৰলৈ। ফুলজোপাক সাৱটি ধৰি সি অনুতপ্তত চিঞঁৰি উঠিল।

"মই কুলাঙ্গাৰ দেউতা। মই বংশৰ কলংক। মোৰ চাগৈ কোনো ক্ষমা নাই। কিন্তু মই ইয়ালৈ আহিম দেউতা। তুমি যে সৰুতে কৈছিলা তুমি নাথাকিলেও এই ফুলজোপাৰ মাজত তোমাক বিচাৰি চাবলৈ। সঁচাকৈয়ে দেউতা ফুলজোপাচোন আগৰ দৰেই গোন্ধাইছে। বৰ আপোন আপোন লাগিছে অ' দেউতা। মইহে আপোনত্বৰ সুবাস বিচাৰিব নাজানিলোঁ। কেইটামান টকাৰ মোহে মোক পৃথিৱীৰ সুন্দৰতাবোৰৰ ৰঙীণ সপোনবোৰ কাঢ়ি লৈ গ'ল। তোমাৰ সংস্কাৰ মই পাহৰি পেলালোঁ ধনৰ লোভত অন্ধ হৈ।"

     মদাৰ গ'লগৈ এবুকু বিষাদ লৈ। হয়তো সি চাগৈ কেতিয়াও নাহে অহাৰ অধিকাৰ হেৰুৱাই পেলোৱা তাৰ পুৰণি ঘৰখনলৈ। কিন্তু সি আহিব পাৰিবনে বাৰু দেউতাকে ৰুই থৈ যোৱা পদূলি মুখৰ মালতী ফুলজোপাৰ আমোলমোল গোন্ধত দেউতাকক বিচাৰিবলৈ।।।


পৃষ্ঠা ৩৯
নীলা খামৰ চিঠিঃ

মৰমৰ ৰাজ
      পোণপ্ৰথমে মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা তোমালৈ অলেখ-অযুত শুভকামনা যাঁচিলো ৷ কেনে আছা তুমি? বহুত  চেষ্টা কৰিও আজিলৈ পাহৰিব পৰা নাই তোমাক ৷ মোৰ বুকুত জ্বলি থকা ভালপোৱাৰ একমাত্ৰ চাকিটো নুমাই তুমি আতৰি গুচি গ'লা বহুদূৰলৈ ৷ এতিয়া এন্ধাৰেই মোৰ প্ৰিয় ঠিকনা, নিসংগতাই মোৰ একমাত্ৰ খাদ্য ৷ হেৰুৱা প্ৰেমৰ বিগলিত শিখাডাল সাৱটি মই নিজক নিচুকাও -অ' মই ভালেই আছোঁ ৷
     জানানে ৰাজ, মোৰ চহৰত এতিয়া ফাগুণ আহিছে ৷ পলাশ-শিমলুৰ ৰঙা ৰঙে ওপচাই ৰাখিছে প্ৰেমিক চহৰখনক ৷ কিন্তু মইচোন ৰঙীন হ'ব নোৱাৰো ৷ তুমি আতৰি যোৱাৰ পৰাই উকা হৈ পৰিল মোৰ আত্মা ৷
     উদং বুকু
     উদং হেঁপাহ
     উদং আৱেগ 
     উদং মোৰ ফাগুণ ৷
    ফাগুণৰ পছোৱাজাক পাৰ হৈ যায় ৷ মোৰ বুকুত কেৱল বলি থাকে এজাক দুখৰ পছোৱা বতাহ ৷ ৰিঙা ৰিঙা মনটোৱে বুকুখনো সাৱটি পেলায় ৷ মোৰেই শপত ৰাজ ৷ উলটি আহা মোৰ কাষলৈ,মোৰ বুকুলৈ ৷ তুমি আহিলেই ৰঙীন হৈ পৰিব তোমাৰ ফাগুণজনী ৷
আকৌ ৰঙীন হ'ব আমাৰ ভালপোৱাৰে আমাৰ চৌদিশ ৷
আজিলৈ এৰিলো ৰাজ ৷ সোনকালেই উভতি আহিবা ৷
অধীৰ আগ্ৰহৰে ৰৈ আছো তোমালৈ ৷

  ইতি
 তোমাৰ ফাগুণী

পৰিণীতা কলিতা
সহ সম্পাদক, অঙ্গন


পৃষ্ঠা ৪০
ৰেচিপিঃ

বেঙন মছলা




মুনমী গগৈ
জাঁজী

#উপকৰণ :-
১) বেঙেনা ৩টা বেছি কৈও লব পাৰে।
২)বিলাহী ২টা
৩) পিয়াজ ২টা
৪)মছলা:-জিৰাগুৰি ১চামুচ,ধনীয়া গুৰি ১চামুচ,মিত মছলা ১চামুচ,
৫)হালধি আন্দাজ মতে
৬)নিমখ আন্দাজ মতে
৭)১কাপ গাখীৰ
৮)১কাপ পানী
৯)১চামুচ ক্ৰীম বা বাটাৰ
১০) ৰং গুৰা ১চামুচ দিব পাৰে নিদিলে ও নাই।
#প্ৰস্তুত প্ৰণালী:- প্ৰথমতে বেঙেনাকেইটা ভালদৰে ধুই লৈ কটাৰীৰে গোটে গোটে আঁকিয়াই লৈ তাত অলপ অলপ কৈ মছলা,নিমখ,হালধি  সানি লৈ কেৰাহীত তেল গৰম কৰি বেঙেনাকেইটা ফ্ৰাই কৰি লৈ নমাই ৰাখিব আৰু সেই তেলতে বিলাহী আৰু পিয়াজ খিনি পেষ্ট দি দিব আৰু ভালদৰে তেল বিৰিঙি উঠা লৈ কে তাত হালধি,নিমখ আন্দাজমতে দি দিব লগতে মছলা খিনি দি লৰাই গাখীৰ খিনি দি উতলোতে অলপ অলপ কৈ পানী দি তাতে ফ্ৰাই কৰি থোৱা বেঙেনা কেইটা দি উতলি ডাঠ হবলৈ দি নমাই লওঁক আৰু তাতে অকণমান ক্ৰীম বা বাটাৰ দি দিয়ক খাবলৈ বেছি টেষ্ট হয় নতুবা ধনীয়া পাত দিওঁ পৰিবেশন কৰিব পাৰে ।


পৃষ্ঠা ৪১
শিশু বিশেষঃ

শিশুৰ আবেগ

জন্মগতভাৱে ভাবে আমি আবেগসমূহ লগত লৈ আহো। মৰম, দয়া, স্নেহ, ক্ষমা আৰু ক্ৰোধ এই সকলোবোৰ সৰুৰে পৰা আমাৰ লগত থাকে। শৈশৱত এই আবেগসমূহো অপৈণত হৈ থাকে। বয়স বঢ়াৰ লগে লগে আবেগসমূহো ডাঙৰ হয় আৰু ইহঁতে আমাক প্ৰভাবান্বিত কৰিব পৰাকৈ সবল হয়। বহুসময়ত এই আবেগৰ ওচৰত মানুহে পৰাজয় স্বীকাৰ কৰে। আকৌ কেতিয়াবা এই আবেগৰ বাবেই মনত উদ্যম জাগে আৰু সফলতা লাভ কৰে।
  শিশুৰ ক্ষেত্ৰত আবেগৰ কথাটো অতিকৈ স্পৰ্শকাতৰ। আমি সকলোৱে জানো, বুজো যে শিশু অতি কোমল। শিশুৱে এটা নিৰ্মল মন লৈ আমাৰ মাজলৈ আহে। সময় আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি শিশুৰ মনৰ ধাৰণা , চিন্তা, কাম গঢ় লয়। সেয়েহে শিশুৰ আবেগ সম্পৰ্কে আমি সকলো সচেতন হোৱাটো খুবেই জৰুৰী। শৈশৱৰ পৰা শিশুৰ আবেগসমূহক আমি প্ৰাধান্য দিয়াটো প্ৰয়োজনীয়।মানুহৰ জীৱনত আবেগে বহুত প্ৰভাৱ পেলায়।আবেগৰ সুনিয়ন্ত্ৰণ তথা পৰিচালনাইহে মানুহক জীৱন যুঁজত জয় লাভ কৰাত সহায় কৰে। শিশুটোক বুজি পাবলৈ তাৰ আবেগসমূহ চিনিব লাগিব। অৰ্থাৎ তাৰ কোনবোৰ কথাত দুখ লাগে, কোনবোৰত খং বাঢ়ে, কোনবোৰ কথাত ভেম লাগে এই সকলোবোৰ জানিব পাৰিলেহে শিশুটোক সঁচা অৰ্থত বুজিব পাৰি।
   বহুসময়ত আমি শিশুটোৰ মনৰ অৱস্থাটো কি বুজিব নিবিচাৰোঁ। ফলত শিশুটো নিসংগ হয়। সি কাকো নিজৰখিনি বুজাব নোৱাৰে। নিজৰ মাজতে নিজে যুদ্ধ কৰে। শিশুটোৰ আবেগৰ সুনিয়ন্ত্ৰণৰ হেতু আমি শিশুটোক যথেষ্ট সময় দিয়াটো প্ৰয়োজনীয়।কাৰণ সময় নিদিলে‌ তাক বুজিব নোৱাৰি। যিমানেই তাক আমি আমাৰ সংগ দিম সিমানেই সি আবেগক সংযম কৰিব শিকিব। মাক দেউতাকৰ অবেহেলাই শিশুটোক আবেগৰ হাতত এৰি‌ দিয়ে। সি নিসংগ হোৱা মানেই তাৰ‌ মনত হতাশা, ক্ষোভ, খং আদিৰ বৰ্ধন হোৱা। যাৰ ফলত শিশুটোৱে নিজক বেলেগকৈ ৰাখিব বিচাৰে। বহুসময়ত শিশুটোৱে নিজক জীয়াই থকাৰ পৰাও বঞ্চিত কৰে।
  শৈশৱৰ পৰাই শিশুটোক মৰম ,সহযোগিতা, গুৰুত্ব প্ৰদান কৰিলে শিশুৱে নিজৰ আবেগৰ লগত যুঁজ দিব শিকিব।।সি জানিব কেনেকৈ আবেগসমূহক পৰিচালনা কৰিব লাগিব, কেনেকৈ আবেগক নিজৰ বশৱৰ্তী কৰি ৰাখিলে অস্থিৰতা নাহে । মানুহৰ সহজাত প্ৰবৃত্তি সমূহ জন্মৰে পৰা আহে কিন্তু এই প্ৰবৃত্তি সমূহক সংস্কাৰ কৰাটো অত্যন্ত জৰুৰী ,এই কথা শিশুক সৰুৰে পৰা বুজিবলৈ সুবিধা দিব লাগে।আহক আমি আমাৰ শিশুটোৰ আবেগক বুজি পাওঁ,।তাক তাৰ আবেগ নিয়ন্ত্ৰণত সহায় কৰোঁ।

ৰাজশ্ৰী বৰা
গোলাঘাট


পৃষ্ঠা ৪২

কথোপকথন ঃ

অনুশীলন আৰু যাত্ৰা গোটৰ মুখ্য প্ৰশাসক, লেখক, সমাজ সেৱক তথা শিক্ষক শ্ৰীমন্ত দত্তদেৱৰ সৈতে




১। নমস্কাৰ ছাৰ। অঙ্গন আলোচনীৰ কথোপকথন শিতানলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰকৃততে অঙ্গনৰ গৰিষ্ঠ সংখ্যক পাঠকৰ বাবে আপুনি চিনাকি তথা অতি আপোন। তথাপিও আনুষ্ঠানিকতাৰ বাবেই আপোনাৰ পৰিচয় আৰু ঠিকনাটি জনাবচোন।

শ্ৰীমন্ত দত্তদেৱ ঃ নমস্কাৰ। প্ৰথমতেই অঙ্গনলৈ আন্তৰিক শুভকামনা জনালো। পেচাগত ভাৱে মই হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ সহঃ শিক্ষক। মোৰ ঘৰ শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ চাৰিং দুৱৰাপাৰত। 

২। আমি জনাত অন্যান্য বহুতো সামাজিক কাম কাজৰ লগতে আপুনি ‘অনুশীলন’ নামৰ এটি ফেচবুক গোটৰ জন্মদাতা তথা মুখ্য প্ৰশাসক। এই গোটৰ মূল লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে অঙ্গনৰ পাঠকক জনালে সুখী হ’ম।

শ্ৰীমন্ত দত্তদেৱ ঃ হয়, অনুশীলন গ্ৰুপ আমি ২০১৯ চনৰ ৭ নৱেম্বৰ তাৰিখে আৰম্ভ কৰিছিলো। এই গ্ৰুপৰ মুল উদ্দেশ্যে হৈছে নবীন সাহিত্যিক সকলক সাহস দি আগুৱাই নিয়া। আমাৰ মাজত এনে বহু ব্যক্তি আছে যি সকলৰ মনত কিবা এটা লিখিবলৈ অদম্য হেঁপাহ আছে অথচ লিখিবলৈ এখন উপযুক্ত মঞ্চ লাভ কৰা নাই তেনে ব্যক্তিসকলক বিশেষভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি অনুশীলনৰ জন্ম দিছিলো। ইয়াৰোপৰি অনুশীলনৰ যোগেদি আমি ৰক্তদান কৰিবলৈ চেষ্টা কৰি আহিছো। বিভিন্ন জটিল ৰোগত আক্ৰান্ত ব্যক্তিক সহায় কৰাটোও হৈছে অনুশীলনৰ উদ্দেশ্য। এতিয়ালৈকে ১ লাখতকৈও অধিক ধন আমি অনুশীলনৰ তৰফৰ পৰা আৰ্তজনৰ মাজত প্ৰদান কৰিছো। এই ধনৰাশি অনুশীলনৰ সন্মানীয় সদস্য সদস্যা সকলেই বৰঙণি হিচাপে আমাৰ দ্বাৰা প্ৰদান কৰোৱায়। ইয়াৰোপৰি আমি অনুশীলনক প্ৰকাশন হিচাপে গঢ়ি তুলিছো। অনুশীলন প্ৰকাশনৰ আত্মপ্ৰকাশ হিচাপে প্ৰথম আমাৰ গল্প সংকলন 'মাজুলীৰ মৌ' দুই এদিনতে প্ৰকাশ হৈ ওলাব।

৩। যাত্ৰা নামৰ এটি সংস্থাৰ জৰিয়তে আপুনি বৰ্তমানেও কৰ্কট ৰোগী সকলৰ মানসিক উত্তৰণৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে এই ক্ষেত্ৰত ৰাইজৰ পৰা কেনে সহাৰি পাইছে?

শ্ৰীমন্ত দত্তদেৱ ঃ যাত্ৰা মূলত আমাৰ ৱাটচ এপ গ্ৰুপ। বৰ্তমানলৈকে আমাৰ ২৫৬ জন সদস্য সদস্যা আছে। ২০১৯ চনৰ অক্টোবৰ মাহত জন্ম দিয়া এই গ্ৰুপটোৰ পৰা কৰ্কট, বৃক্ক, জটিল ৰোগ, দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আক্ৰান্ত ব্যক্তিক এতিয়ালৈকে আমি ২,৩০,৫০০ টকাৰ বৰঙণি প্ৰদান কৰি সহায় আগবঢ়োৱা হৈছে। 

৪। আমি জনাত আপুনি এখন আলোচনীৰো মুখ্য সম্পাদকৰ দায়িত্বত আছিল। আলোচনীখন সম্পৰ্কে আমাৰ পাঠকসকলক কিছু কথা জনালে সুখী হ’ম।

শ্ৰীমন্ত দত্তদেৱ ঃ হয়, জখলা নামেৰে আমাৰ এখন তিনিমহীয়া আলোচনী আছিল। তিনিটা সংখ্যা প্ৰকাশ কৰাৰ পাছত আমি বিভিন্ন সমস্যাৰ বাবে প্ৰকাশ কৰিব পৰা নাই। জখলা আলোচনীখনতো আমি নবীন সাহিত্যিক সকলক প্ৰাধান্য দিছিলো। পুনৰ জখলা প্ৰকাশ কৰাৰ কথা আমি পৰিকল্পনা কৰি আছো কিন্তু অনাগত সময়েহে ক'ব কিমান দূৰ সফল হওঁ।

৫। আপুনি শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত থকাৰ লগতে বহু কেইজন দুখীয়া ছাত্ৰ-ছাত্ৰীক নিজ ঘৰত আশ্ৰয় দি শিক্ষাদান কৰি আহিছে। বিভিন্ন সামাজিক কাম কাজৰ লগতে এনেধৰণে দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদানৰ চিন্তা আপোনাৰ মনলৈ কেনেকৈ আহিল? এই দিশত আপোনাৰ কিছু অভিজ্ঞতা আমাক জনাবচোন।

শ্ৰীমন্ত দত্তদেৱ ঃ মই আচলতে আশ্ৰয় দি ঘৰত শিক্ষাদান কৰা প্ৰতিজন ছাত্ৰই আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰ নহয়‌। কেইজন মান ছাত্ৰৰ পিতৃ মাতৃয়ে আমাৰ তত্বাৱধানত ৰাখি নিজৰ সন্তানক পঢ়োৱাবলৈ ইচ্ছা কৰিছিল সেইবাবে কেইজন মানক আনিছিলো আৰু আন দুজন মানক তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বাবে আনিছিলো। আচলতে ময়ো মোৰ শৈশৱৰ দিন বিলাক বৰ কষ্টৰে অতিবাহিত কৰিছিলো, বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলো সেইবাবে এনে সিদ্ধান্ত লওঁ।
মই যেতিয়া পঞ্চম শ্ৰেণীত পঢ়ি আছিলো তেতিয়া গাঁৱৰে শ্ৰদ্ধাৰ লক্ষ্মন দুৱৰা ছাৰৰ ওচৰত ইংৰাজী বিষয়ৰ টিউচন লৈছিলো। দেউতাই এদিন টিউচন ফিজ ৫০ টকা দিবলৈ গৈ বাটতে পইচাটো হেৰুৱাইছিল। এই কথাটোত দেউতা ইমান ভাগি পৰিছিল যে এক সপ্তাহলৈ ঘৰৰ কাকো মাতবোল নকৰিছিল। পুৱাৰ পৰা সন্ধিয়ালৈকে দেউতাই বাটত কিজানিবা পইচাটো ঘূৰাই পাওঁ বুলি বিচাৰি ফুৰিছিল। এই দৃশ্যটোৱে মোক আজিও আমনি কৰে আৰু সেইবাবে কাৰোবাক কিবা এটা সহায় কৰিবলৈ হেঁপাহ জাগে।

৬। ইতিমধ্যে আপোনাৰ কেইখনমান গ্ৰন্থও প্ৰকাশ পাইছে। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আজিকালি কাগজ কলমতকৈ মোবাইলটোৱে বেছি গুৰুত্ব পাইছে বুলি আপুনি ভাবেনে? এয়া এখন সমাজৰ বাবে শুভ লক্ষণ বুলি ক’বনে?

শ্ৰীমন্ত দত্তদেৱ ঃ হয়, মোৰ দুখন গ্ৰন্থ প্ৰকাশ হৈছে.... দুই এদিনতে মাজুলীৰ মৌ নামেৰে মোৰ তৃতীয় খন গ্ৰন্থ প্ৰকাশ হ'ব। আৰু পাঁচখন গ্ৰন্থ মোৰ প্ৰকাশৰ পথত। 
চাওক, সময় পৰিৱৰ্তনশীল। আচলতে সময়েহে  নিৰ্ণয় কৰে আমি কোন দিশে গতি কৰিম। আজিকালি প্ৰতিজন মানুহৰ হাতে হাতে ম'বাইল। আৰু ম'বাইলতে মনৰ ভাব এটা লিখি  নিমিষতে সকলোৰে মাজলৈ আগবঢ়াই দিব পাৰে।স্বাভাৱিকতে কাগজ কলমতকৈ ম'বাইলৰ গুৰুত্ব বাঢ়িছে। শুভ বা অশুভ লক্ষণ দুয়োটাৰ সপক্ষে বা বিপক্ষে ক'বলৈ অনেক যুক্তি আছে কিন্তু সকলোকে কওঁ কাগজ কলমৰ লগত সম্পৰ্ক ৰক্ষা কৰাটো আমাৰ সমীচিন যিহেতু কাগজ কলমে পৰোক্ষ বা প্ৰত্যক্ষভাৱে বহু পৰিয়ালক উপাৰ্জনৰ পথ দি আছে।

৭। শিক্ষকতা বৃত্তিৰ লগত আপুনি জড়িত হৈ আছে বাবে এটি কথা সুধিব খুজিছোঁ। ‘অতীত আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিবা পাৰ্থক্য আছে বুলি আপুনি ভাবেনে? যদি আছে, এই পাৰ্থক্যসমূহ কেনেকুৱা?’

শ্ৰীমন্ত দত্তদেৱ ঃ অতীত আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাৰ্থক্য নিশ্চয় আছে। বৰ্তমান ছাত্ৰ সমাজৰ মাজত বিশৃংখলতা প্ৰত্যক্ষ কৰা দেখা যায়। আগতে জ্ঞানৰ পৰিসৰ বহল আছিল আৰু নম্বৰৰ পৰিসৰ কম আছিল। বৰ্তমান নম্বৰৰ পৰিসৰ বহল কিন্তু জ্ঞানৰ পৰিসৰ ঠেক। বহু সময়ত পূৰ্বৰ ছাত্ৰ ছাত্ৰীতকৈ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ নৈতিকতাৰ জ্ঞানৰ অভাৱ যেন পৰিলক্ষিত হয়। তাৰবাবে কিন্তু কেৱল তেওঁলোকেই জগৰীয়া নহয়। পিতৃ মাতৃ,অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী আমি সকলো জগৰীয়া। উচিত দিশত পৰিৱৰ্তন ঘটাই ছাত্ৰ ছাত্ৰীসকলক আমি নৈতিকতাৰ শিক্ষাৰে পৰিপুষ্ট কৰিব লাগিব।

৮। প্ৰতিজন সফল ব্যক্তিৰ আঁৰত এগৰাকী নাৰীৰ ভূমিকা আমি নুই কৰিব নোৱাৰোঁ। আপোনাৰ এই সফলতাৰ আঁৰত কোন আছে জনাব নেকি?

শ্ৰীমন্ত দত্তদেৱ ঃ সফলতালৈ বহু দূৰ। মাত্ৰ মানসিক সন্তুষ্টিৰ বাবে কিছুমান কাম কৰি গৈছো। সফলতাৰ আঁৰত থকা নাৰী বুলি কলে মই মোৰ মাতৃৰ কথা ক'ব লাগিব যাৰ বাবে পৃথিৱীৰ পোহৰ দেখিলো, মোৰ পৰিবাৰ বল্লবী আছে বাবেই আজিও মই জীয়াই আছো। মোৰ অসুখৰ সময়ত তেওঁ লক্ষীন্দৰৰ বেউলা হৈ, সত্যবানৰ সাৱিত্ৰী হৈ মোক পুনৰ জীৱন দান দিলে। প্ৰতিটো খোজতে মোৰ ছাঁ হৈ আছে। অন্তৰংগ বান্ধৱী কৃপালীয়ে কুৰুক্ষেত্ৰত অৰ্জুনৰ কাষত ভগৱান শ্ৰীকৃষ্ণ সাৰথি হিচাপে থিয় দিয়াৰ দৰে মোৰ কাষত থিয় দি আছে প্ৰতিপল। ভন্টী নীলাক্ষী দত্তই মোৰ ফেচবুকৰ পৰা মই লিখা ৮০০ কবিতা নোট কৰি দিলে। অনুশীলনৰ এডমিন মাধু, ৰশ্মি, মনীষা বৰা, তুলিকা বৌ, ৰেখামণি, ৰীমা সকলোৱে সদায় সহযোগিতা আগবঢ়াই আহিছে... সকলো দিশ সামৰি ক'বলৈ হলে জ্ঞাতে অজ্ঞাতে আমাক সহযোগিতা আগবঢ়োৱা সকলো নাৰীৰ বিষয়েই উল্লেখ কৰিব লাগিব।

৯। নৱ প্ৰজন্মলৈ আপোনাৰ এটি পৰামৰ্শ আগবঢ়াবচোন।

শ্ৰীমন্ত দত্তদেৱ ঃ নৱপ্ৰজন্মক এটাই অনুৰোধ কৰো জীৱনটো গঢ়ি তোলক। ৭০ বছৰৰ জীৱন এটা উপভোগ কৰিবলৈ মাত্ৰ ১৭ বছৰ কষ্ট কৰিব লাগে। সময়ৰ কাম সময়ত কৰিব লাগে। নকৰিবলগীয়া কাম একো কৰিব নালাগে, নাখাবলগীয়া বস্তু একো মুখত দিব নালাগে।

১০। অঙ্গন পষেকীয়া ই-আলোচনী খনৰ পঢ়ুৱৈৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। আগন্তুক জুন মাহত আলোচনীখনে এটা বছৰ সম্পৰ্ণ কৰিব। আলোচনীখনলৈ আপোনাৰ এটি শুভেচ্ছামূলক বাৰ্তা আগবঢ়ালে সুখী হ’ম।

শ্ৰীমন্ত দত্তদেৱ ঃ অঙ্গন আলোচনী খন হৃদয়ৰ পৰা হৃদয়লৈ সাঁকো হওক। সাহিত্য চৰ্চাই মানুহৰ মন আত্মাত প্ৰশান্তিৰ সৃষ্টি কৰে। অঙ্গন হওক প্ৰশান্তিৰ জলধাৰা, সঞ্জীৱনী সুধা। বহুত বহুত শুভকামনা।

অঙ্গনৰ হৈ কথোপকথন শিতানৰ প্ৰশ্নসমূহ যুগুত কৰিলে
অঙ্গনৰ প্ৰতিনিধি অৰ্চনা শইকীয়াই।

(ফটোত শ্ৰীমন্ত দত্তদেৱৰ পৰিয়ালবৰ্গৰ লগতে
অৰ্চনা শইকীয়া আৰু মুখ্য সম্পাদক হেমেন নাথক দেখা গৈছে।)


পৃষ্ঠা ৪৩




Post a Comment

0 Comments