অণুগল্পঃ প্ৰতিযোগী ১৯

 


এনেকৈয়ে ভাগেনে হৃদয়!

ভালপোৱা আৰু ভালপোৱা পোৱাৰ হেঁপাহৰ ভৰত দো খাই আছিল সুবাসনাৰ হৃদয়। খিলখিলাই হাঁহি উঠিছিল নীলিমৰ ভালপোৱাৰ প্ৰস্তাৱত! বিনিময় হৈছিল প্ৰতিশ্ৰুতিৰ পাহাৰ...কিন্তু...
মাহ-হালধিৰ গোন্ধ মাৰ নোযোৱাৰে পৰা মাকৰ ঘৰৰ পৰা তাইক আজি ইটো,কালি সিটো আনিবলৈ দাবী কৰে। তাকে নকৰিলে মাৰ-পিট কৰে। শাহুৱেকক ক'লে পোনাই ঠিকেই কৈছে বুলি কয়! 
তাইক প্ৰাণে মৰাৰ আঁচনিখন তাইৰ গোপনে কাণত পৰিল...কাষৰ ঘৰৰ মৰমীয়াল খুৰীয়েকে ৰেকৰ্ড সহ আঁচনিখন দি তাইক সাহস দিলে। পাঁচমহীয়া সন্তান পেটত বান্ধি তাই ন্যায়ালয়লৈ গ'ল...
ধান সৰা ধানখেৰৰ দৰে পাতল হৈছিল তাইৰ ভালপোৱাৰ ওজন...।

জ্যোতিমণি শইকীয়া বৰুৱা
টেকেলা গাঁও,যোৰহাট।


Post a Comment

2 Comments

Unknown said…
সীমা পঢ়ি ভাল লাগিল
Unknown said…
সীমা পঢ়ি ভাল লাগিল