অঙ্গন ২৩ নং সংখ্যা

বেটুপাতঃ ১





পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
২৫ এপ্ৰিল ২০২১

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

---------------------

বিশেষ ঘোষণা

           অঙ্গনৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি অঙ্গনৰ সম্পাদনা সমিতিয়ে "অঙ্গন"ৰ এটি বিশেষ সংখ্যা প্ৰিণ্ট কৰাৰ সিদ্ধান্ত লৈছে। সেয়ে এই বিশেষ সংখ্যালৈ লেখা পঠিয়াবলে ইচ্ছা কৰা লেখক/লেখিকা সকলক একেই ঠিকনাত তেওঁলোকৰ লেখা সমূহ আগন্তুক ১৫ মে'ৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালো। 
          লেখক/লেখিকা সকলে লেখাৰ ওপৰত অঙ্গনৰ বিশেষ সংখ্যালৈ বুলি লিখি পঠিয়াবলে নেপাহৰে যেন।


পৃষ্ঠাঃ ৩

এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
কৰ'না আৰু আমাৰ অভ্যাসসমূহ।।


২/ প্ৰৱন্ধ:
ক/ অসমীয়া সমাজ সংস্কৃতিলৈ মঘাই ওজাৰ অৱদান (বন্দিতা শৰ্মা কণ্ডলি)
খ/ শিশুৰ বিকাশত পিতৃ-মাতৃৰ ভূমিকা (চিন্ময় ডেকা)


৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ ধুমুহাই ভঙা সপোন (দুৰ্গেশ্বৰ শইকীয়া)
খ/ অভিশ্ৰুতি (চয়নিকা বৰুৱা)
গ/ এই বাটেদি ৰাধা যমুনালৈ যায় ( শিৱানী বৰা)

৪/ অণুগল্পঃ
ক/ ৰঙালী (ৰিম্পী গগৈ)
খ/ দায়িত্ব ( অংশুমান ভূঞা)

৫/ এক মিনিটৰ গল্পঃ
ক/  সহচৰ (অনসূয়া বৰঠাকুৰ)

৬/ অনুবাদ কবিতাঃ
মোৰ ধুনীয়া গোলাপজুপি My pretty Rose Tree by William Blake (প্ৰাণকৃষ্ণ গোস্বামী)

৭/ কবিতাঃ
ক/ আক'উ পান বজাৰত থিয় হৈ ( প্ৰণৱ কুমাৰ বৰ্মন)
খ/ স্তৱক ( নীল সাগৰ) 
গ/ সাম্প্ৰতিক ( নীলমণি মজুমদাৰ)
ঘ/ এটি ভাল দিনৰ অপেক্ষাত ( ঝৰ্ণালী শৰ্মা বৰকটকী)
ঙ/ কাহিনী ( নিৰ শৰ্মা)
চ/ ব'হাগৰ প্ৰথম জাক বৰষুণ ( লীজা বকতীয়াল)
ছ/ ডায়েৰীৰ পাতত বন্দী ( হিমাজ্যোতি তালুকদাৰ)
জ/ মৌনতাৰ বুকুত কোলাহল শুনিছানে ? (জয়া ৰৌফ)
ঝ/ পিতাই ( জ্যোতিৰ্ময় শৰ্মা)
ঞ/ বনছাই (মিনাক্ষী গগৈ)
ট/ হেৰুৱাৰ সুবাস বিচাৰি , স্মৃতিৰ জলঙাত উঠি (ক্ষীৰোদ হাজৰিকা)
ঠ/ বহাগৰ বহাগী আকৌ আহিলি (ববীতা ৰাজবংশী)
ড/ মোক আবিৰৰ ৰং নালাগে (ৰাহুুল জ্যোতি বৰা)
ঢ/ যুঁজ (মনচুমী কলিতা নাথ)

৮/ অনুভৱঃ   
ক/ স্বাধীনতা ( প্ৰিঞ্চীপ্ৰিয়া বৰুৱা)

৯/ এগণ্ডা হাইকুঃ (মঞ্জিত হাজৰিকা)

১০/ ভ্ৰমণ কাহিনীঃ  চেন্নাই (শৰ্মীষ্ঠা বৰ্মন)

১১/ নীলা খামৰ চিঠিঃ 
চিন্ময়ী দাস

১২/ গল্পঃ
ক/ প্ৰয়োজন ( আশাজ্যোতি শইকীয়া)
খ/নিভঁ‌জুৱা প্ৰেম  (ডুলু অধিকাৰী)

১৩/  ৰেচিপিঃ ভাপত দিয়া মাছ (মুনমী গগৈ)

১৪/ শেষ পৃষ্ঠাৰ লেখাঃ সময়ৰ বুকুত নান্নাটাৰী গাঁওৰ ভঠেলি উৎসৱ (পৰিণীতা কলিতা)

১৫/ গ্ৰন্থ বিশেষঃ মাজুলীৰ মৌ (অৰ্চনা শইকীয়া)

১৬/ আৰ্ট গেলাৰীঃ স্নেহা বক্সী


পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  মৌকুঁহি গগৈ মৰিয়নী, যোৰহাট
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সমহিতা পূজাৰী, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।


পৃষ্ঠা ৫
সম্পাদকীয়ঃ

কৰ'না আৰু আমাৰ অভ্যাসসমূহ

সৰুতে আমি পঢ়িছিলোঁ, 'অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ'। অভ্যাসৰ গুৰুত্ব সম্পৰ্কে ইয়াতকৈ শ্ৰেষ্ঠ, গ্ৰহণযোগ্য বাক্য হয়তো অসমীয়া ভাষাত দ্বিতীয় নাই। জীৱনৰ সকলো দিশতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাক আমাৰ অভ্যাস সমূহে নীৰৱে সহায় কৰে। পুৱা সোনকালে উঠা, ব্যায়াম-আসন কৰা, কিতাপ পঢ়া, সময়মতে নিজৰ কামবোৰ কৰি যোৱা, ৰাতি সোনকালে শোৱা, আনকি কোনোবাই আমাৰ মনত আঘাত দিলে তাৰ প্ৰতিক্ৰিয়াত গঢ় লোৱা মানসিক অৱস্থাটোও আমাৰ অভ্যাসৰ বাবেই হয়। জীৱনত এজন সত্, সফল মানুহ হিচাপে চিনাকি দিয়াৰ ক্ষেত্ৰত যিদৰে আমাৰ ভাল অভ্যাসসমূহে সহায় কৰে, একেদৰে আমাৰ অলক্ষিতে জন্ম লোৱা কিছুমান বেয়া অভ্যাসে আমাৰ জীৱনটো দুৰ্বিসহ কৰি তোলে। এষাৰ কথা আছে, 'তুমি যদি ভাল অভ্যাস গঢ় দিবলৈ চেষ্টা কৰা নাই তেনেহলে তোমাৰ অলক্ষিতে তুমি নিজৰ মাজত কিছুমান বেয়া অভ্য়াস গঢ় দি আছা।' অভ্যাস সম্পৰ্কে এনে বহু কথা পঢ়িবলৈ পোৱা যায় যি সঁচাকৈয়ে অত্যন্ত আৱশ্যকীয়।
বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো কৰ'নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ভাৰতৰ ওপৰত। যিদৰে এসময়ত আমি দৃষ্টি নিক্ষেপ কৰিছিলোঁ চীন, আমেৰিকা, ইটালি আদি দেশলৈ। কিয়নো যোৱা বছৰ সেইবোৰ দেশত নিতৌ হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল। তেতিয়াই সৰ্বত্ৰে চৰ্চা হোৱা আমি পঢ়িবলৈ পাইছিলোঁ যে ভাৰতৰ দৰে ঘন জনবসতি থকা দেশে কিদৰে কৰ'নাৰ সৈতে মোকাবিলা কৰিব সেয় লক্ষণীয় হ'ব। বিশ্ব স্বাস্থ্য সংস্থাকে আদি কৰি বহুতো আন্তৰাষ্ট্ৰীয় সংস্থানে ভাৰতক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছিল। তেনে সময়তে দেশত লক ডাউন ঘোষণা হ'ল, লকডাউনৰ পাছত অসমৰ পৰিস্থিতি কিছু শিথিল হ'ল, নিৰ্বাচন আহিল, নিৰ্বাচনী প্ৰচাৰ তুঙ্গত উঠিল, কভিড প্ৰটকল গুৰুত্বহীন হৈ পৰিল। মানুহে হেঁপাহ পলুৱাই হলি খেলিলে, পূজা পাৰ্বনত মচগুল হ'ল আৰু ইয়াৰ পৰিণতি বৰ্তমান সকলোৰে সন্মুখত। উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই তেনে সময়তো বাৰম্বাৰ দেশত কৰ'না অধিক সংক্ৰমণ নহ'বৰ বাবে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাই আছিল।
এতিয়া মূল বিষয়লৈ আহিছোঁ। কভিডৰ সংহাৰী ৰূপ আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। এনে জটিল সময়ত আমি জীৱন আৰু জীৱিকা উভয় দিশতে সমানেই গুৰুত্ব দিব লাগিব। নিতৌ আমি কৰ্মক্ষেত্ৰলৈ যাবই লাগিব আৰু নিজকে কভিড মুক্তও কৰি ৰাখিব লাগিব। এইখিনিতে আহি পৰে নতুন কিছু অভ্যাসৰ প্ৰসংগ।
এই সময়ত আমি কিছুমান অভ্যাস গঢ় দিবলৈ নিজকে সাজু কৰা উচিত। যেনে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত আমি নিতৌ ভাল, কাৰ্যক্ষম মাস্ক ব্যৱহাৰ কৰিব লাগিব। কোনো লোক যাতে আমাৰ অজ্ঞাতে কাষ চাপি নাহে তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব। প্ৰয়োজনত ব্যক্তিজনক দূৰত্ব বজাই ৰাখিবলৈ ক'ব পাৰিব লাগিব। ভাল চেনিটাইজাৰ লগত ৰখাৰ উপৰিও যেতিয়াই হাত দুখনেৰে কোনো নতুন বস্তু স্পৰ্শ কৰোঁ, তেতিয়াই লগে লগে দুয়োখন হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব।কৰ্মক্ষেত্ৰৰ পৰা উভতি আহি নিজৰ পোচাকযোৰ নিয়মীয়াকৈ ভালদৰে ধুব লাগিব।
প্ৰকৃতাৰ্থত এই প্ৰতিটো কামেই একো একোটা অভ্যাস। কোনেও একে দিনাই এই অভ্যাস গঢ় দিব নোৱাৰে যদিও আমি এই নতুন অভ্যাসসমূহৰ লগত অভ্যস্ত হবলৈ শিকিব লাগিব। কাৰণ, এই অভ্যাস সমূহেই আমাক অনাগত বিপদৰ পৰা ৰক্ষা কৰিব।
শেষত এটা কথাই অৱগত কৰিব বিচাৰোঁ যে প্ৰাতঃ ভ্ৰমণ, শৰীৰ চৰ্চা, যোগ, প্ৰাণায়াম আদিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। গতিকে আমি নিয়মীয়াকৈ শৰীৰটোৰ বাবে কিছু সময় আছুটীয়াকৈ ৰাখি এনেবোৰ কামত নিজকে ব্যস্ত কৰা উচিত। সুস্থ শৰীৰতহে এটা সুস্থ মনে বাস কৰে, সুস্থ মনেই আমাৰ মনোবলৰ একমাত্ৰ ভেটি। আহক, আমি আমাৰ মনোবল বৃদ্ধি কৰোঁ, কোনো পৰিস্থিতিতে ভাগি নপৰি এই জটিল পৰিৱেশৰ মুখামুখি হওঁ আৰু নিজৰ লগতে আনৰো জীৱন ৰক্ষা কৰোঁ।

হেমেন নাথ
সম্পাদক, অঙ্গন


পৃষ্ঠা ৬
প্ৰৱন্ধঃ

অসমীয়া সমাজ -সংস্কৃতিলৈ
মঘাই ওজাৰ অৱদান 

      অসমৰ ঢুলীয়া সংস্কৃতি গ্ৰাম্য লোক সংস্কৃতি । গ্ৰাম্য জীৱন ধাৰাত এই সংস্কৃতিৰ সমাদৰ এক লোক পৰম্পৰা ভাবে চলি আহিছে । অসমৰ ঢোল সংস্কৃতিৰ পথাৰত মঘাই ওজা এটা সোণসেৰীয়া নাম । ঢোলৰ জৰিয়তে লোকবাদ্যক প্ৰতিষ্ঠা কৰি অসমীয়া লোক জীৱনৰ অনুভূতিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তোলাৰ বাবেই মঘাই ওজা ঢোলৰ ওজা । অসমৰ খাটি খোৱা মানুহৰ কথা কোৱা গণ সংস্কৃতিৰ পূজাৰী এই মহান শিল্পী জনৰ জন্ম হৈছিল যোৰহাট জিলাৰ হাতীগড় মৌজাৰ নাওশলীয়া নামৰ এখনি গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত 1916 চনৰ  15 মাঘত । দেউতাক আছিল বোপাটি বৰুৱা আৰু মাক আছিল বাটুলী বৰুৱা ।
          পাঁচ বছৰ বয়সতে মঘায়ে দেউতাকক হেৰুৱাই আৰু স্কুলীয়া শিক্ষা সিমানতে শেষ কৰিব লগীয়া হৈছিল । আৰ্থিক দুৰৱস্থাৰ বাবেই তেওঁ চাহ বাগিছা, মানুহৰ ঘৰ আদিত দিন হাজিৰা কৰাৰ মাজতে কছাৰী ওজা ডিম্বেশ্বৰ গগৈৰ ওচৰত ঢোল বিদ্যা আয়ত্ব কৰে ।গোহালিৰ ঢোল আনি হৃদয়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, ৰাইজক দেশখনক ঢোলৰ জৰিয়তে ভাবিবলৈ, চিন্তা কৰিবলৈ শিকোৱা প্ৰথম মানুহ আছিল মঘাই ওজা । অসমৰ প্ৰবাদ পুৰুষ বিষ্ণু ৰাভা, জ্যোতি প্ৰকাশ আগৰৱালা, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা আদি বৰেণ্য ব্যক্তিৰ সান্নিধ্য লাভ কৰা এই মহান শিল্পী জনাৰ ভাৰতীয় গণনাট্য সংঘৰ লগতো ওতঃপ্ৰোত সম্পৰ্ক আছিল । যি গণনাট্য সংঘই পঞ্চাশ আৰু ষাঠিৰ দশকত দেশ জুৰি এক গণ সাংস্কৃতিক জাগৰণ আনিবলৈ সক্ষম হৈছিল । এই সংঘৰ জৰিয়তে তেওঁ কলিকতা, দিল্লী, মাদ্ৰাজ আদিৰ উপৰিও ৰাচিয়া, আমেৰিকা আদিতো ঢোল বাই আন্তঃৰাষ্টীয় মৰ্যদা অসমলৈ কঢ়িয়াই আনে ।হেমাংগ বিশ্বাস, ভূপেন হাজৰিকাৰ পৃষ্ঠপোষকতাত তেওঁ প্ৰতিধ্বনি, ৰঙা পুলিচ, পিয়লি ফুকন, মাহুত বন্ধুৰে, তৃষ্ণা, আদি ছবিত ঢোল বজাবলৈ সুযোগ লাভ কৰে ।
         মঘাই ওজা আছিল গণ বিপ্লৱী ঢুলীয়া শিল্পী । দৰিদ্ৰতাই শিল্পী জনাৰ জীৱনত কোনোদিনে লগ এৰা নাছিল । সমস্যা জৰ্জৰিত সমাজ খনক তেওঁ নিচেই ওচৰৰ পৰা চাব পাৰিছিল । এইজন ঢোলৰ যাদুকৰে ঢোলৰ মাৰিডাল যিদৰে লৈ ফুৰিছিল ঠিক একেখন হাতত নাঙলৰ খুটিটোও ধৰি ৰাখিছিল । তেওঁৰ ঢোলৰ মালিতাই কৈছিল -
  যিখন হাতত হালৰ খুটি
সেই খন হাততে ঢোলৰ মাৰি।

ৰাইজখনে কান্দিছে    ডা-ডাঙৰীয়া 
দেশখনে কান্দিছে চোৱা 
ৰাইজৰ বলতে তুমি বলৱন্ত 
কিয়নো পাহৰি যোৱা ।

ঢোল বাদ্যক সমাজ পৰিবৰ্তনৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰাৰ বাবেই মঘাই ওজাৰ এক সুকীয়া পৰিচয় আছিল । ওজাৰ ঢোলৰ চেৱেত মেঘে গৰজি উঠে । তেওঁৰ ঢোলৰ চেৱে কয় 
মোৰ কান্ধত ঢোলৰ বোজা /মোকে কয় মঘাই ওজা ।
        
বন্দিতা শৰ্মা কণ্ডলি
দেৰগাঁও


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

শিশুৰ বিকাশত পিতৃ-মাতৃৰ ভূমিকা

       শিশুৰ সামগ্ৰিক বিকাশৰ ক্ষেত্রত পিতৃ মাতৃয়ে যথেষ্ট ভূমিকা পালন কৰে। পিতৃ-মাতৃয়ে সন্তানৰ লগত যিমান পাৰে সিমান সময় কটাবলৈ চেষ্টা কৰিব লাগে, যাতে পিতৃ-মাতৃ আৰু সন্তানৰ মাজত এটা বন্ধুত্বপূৰ্ণ সু-সম্পৰ্ক গঢ় লৈ উঠে। বন্ধুত্বপূৰ্ন সম্পৰ্কত সন্তানে মনৰ কথা খুলি ক’বলৈ সুবিধা পায়। যাৰ ফলত পিতৃ-মাতৃয়ে প্ৰতিটো কথাৰ গুৰুত্ব বুজি বেয়াখিনি ত্যাগ কৰি ভালখিনিৰ অৰ্জনেৰে শিশুটিক আগবাঢ়ি যোৱাত সহায়তা প্ৰদান কৰে। প্ৰত্যেক শিশুৱে শিশুসুলভ চঞ্চলতাৰে কিছুমান দুষ্টামি কৰাটো লক্ষ্যণীয়। তেনে ক্ষেত্ৰত খং-অভিমান নকৰি ভাল দৰে বুজাই দি তথা মৰমেৰে বুজাব লাগে কিয়নো খং বা ডাবি ধমকি দিলে শিশুৰ মনৰ জেদ ভাব বাঢ়ি যায়। অমান্য হোৱা পৰিলক্ষিত হয়।
         ডাঙৰ হোৱাৰ লগে লগে শিশুক নিজৰ কামবোৰ নিজে কৰিবলৈ দিব লাগে, যেনে – খেলাৰ পিছত খেলা সামগ্ৰীখিনি আগৰ জেগাত থোৱা, নিজে কাপোৰ পিন্ধা, নিজে আহাৰ খোৱা আদি। ইয়াৰ জৰিয়তে শিশুৱে আত্মনিৰ্ভৰশীল হ’বলৈ শিকে। লাজ-কুৰীয়া স্বভাৱৰ শিশুক বন্ধু-বান্ধৱৰ লগত বাহিৰত খেলিবলৈ উদ্‌গনি যোগাব লাগে। এনে শিশুক তেওঁলোকে কৰা কামৰ বাবে আনৰ আগত কেতিয়াও লাজ দিব নালাগে। শিশু অনুষ্ঠানত ভাগ ল’বলৈ দিয়া, ঘৰলৈ অহা আলহীৰ লগত কথা পাতিবলৈ দিয়া, মাজে মাজে ফুৰিবলৈ নিয়া আদিবোৰে শিশুৰ লাজকুৰীয়া স্বভাব নোহোৱা হোৱাত সহায় কৰে। পিতৃ-মাতৃয়ে কেতিয়াও সন্তানক আনৰ লগত তুলনা কৰি হেয়জ্ঞান কৰিব নালাগে। শিশুক সদায় ভাল কথা বা কামৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুৱাব লাগে। যেনে – অনুশাসন মানি চলা, ভদ্ৰ আচৰণ, ডাঙৰক সন্মান, নিয়মানুৱৰ্তিতা আদি। কেতিয়াবা শিশুৱে যিকোনো প্ৰতিযোগিতাত পিতৃ-মাতৃয়ে ভবা ধৰণে ফল দেখুৱাব নোৱাৰিব পাৰে, তেনে ক্ষেত্ৰত নিজে হতাশ হৈ অথবা শিশুটিক নিৰুৎসাহিত নকৰি পিছলৈ আৰু ভাল কৰিব লাগিব ধৰণে উৎসাহিত কৰিব লাগে । শিশুৰ কামৰ সময়সূচী থকা দৰকাৰ যদিও দিনটোৰ অলপ সময় শিশুটিয়ে ভাল পোৱা ধৰণে কটাবলৈ দিব লাগে। এনে কৰিলে শিশুৰ বাকী কামবোৰ সময়সূচী মতে কৰাৰ আগ্ৰহ থাকে। আনক্ষেত্ৰত সকলোতকৈ ডাঙৰ কথাটো, প্ৰত্যেক শিশুৰ কোনোবা নহয় কোনোবা বিষয়ত প্ৰতিভা থাকে, পিতৃ-মাতৃয়ে সেই প্ৰতিভা চিনি উলিয়াই শিশুৰ সৃষ্টিশীল মনক উৎফুল্লিত কৰি উদ্‌গনি যোগাব লাগে। তেনেহ'লে শিশুৰ নিজস্ব প্ৰতিভা বিকশাই তুলিবলৈ সক্ষম হয় । এটা বয়সত শিশুৱে স্বাধীন মনোভাৱ পোষণ কৰে আৰু তেতিয়া নিজৰ আধিপত্য দেখুৱাবলৈ যায়, তেনেক্ষেত্ৰত শিশুটিক জেদী বুলি খং বা ডাবি ধমকি নিদি মৰমেৰে শুদ্ধ পথৰ সন্ধান দিব লাগে। পিতৃ-মাতৃৰ সদ্ব্যৱহাৰ, সৎ-চিন্তাই শিশুৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে, পিতৃ-মাতৃৰ অ-প্ৰীতিকৰ আচৰণে শিশুৰ চাৰিত্ৰিক দিশত নেতিবাচক প্ৰভাৱ পেলায়।  বৰ্তমানৰ শিশু ভৱিষ্যতত সুনাগৰিক হোৱাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ গঠনমূলক মনোভাৱ, সুদূৰ দৃষ্টিভংগী আৰু সহযোগিতা অত্যন্ত আৱশ্যক।

চিন্ময় ডেকা, টংলা
৬০০২৬৬৬৫৯৩


পৃষ্ঠা ৮
ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন

দুৰ্গেশ্বৰ শইকীয়া, মাজুলী

অন্তিম খণ্ড

বিশ

     ৰাতিপুৱা কাষৰীয়া গাওঁ সমূহৰ ৰাইজো  গোট খালেহি । খন্তেকতে মাষ্টৰে শেষ নিশ্বাস পেলোৱাৰ খবৰটো বনজুইৰ দৰে বিয়পি পৰিল । ৰাইজে গায়ন-বায়নে , ফুলেৰে সজ্জিত দোলাত মাষ্টৰৰ দেহটো লৈ শৱ যাত্ৰা কৰিলে । তেওঁৰ অতিকে আপোন বিদ্যালয়খন , তেওঁ গঢ় দিয়া অনুষ্ঠান প্ৰতিষ্ঠানবোৰত ঘূৰোৱা হ'ল তেওঁৰ মৃতদেহ । এক শোকাকুল জনতাৰ মিচিল ।
           মাষ্টৰৰ কথা মতেই ৰাইজে ল'ৰাহঁতৰ উদ্যোগত মাষ্টৰৰ নশ্বৰ দেহ সৎকাৰৰ বাবে লৈ গ'ল তেওঁলোকৰ আজন্মৰ আপোন শুকান সুঁতিৰ পাৰলৈ । তেওঁৰ শেষ ইচ্ছা অনুসৰি মোহন আৰু স্বপ্নাৰ চিতাৰ কাষতে তেওঁৰ বাবেও চিতা তৈয়াৰ কৰা হ'ল । সকলো তৈয়াৰ হ'ল মাষ্টৰক শেষ বিদায় দিবলৈ । খবৰ পোৱাৰ লগে লগে ফুলৰ মালা হাতে হাতে লৈ স্কুলীয়া ল'ৰা ছোৱালী বোৰো আহিল তেওঁক শ্ৰদ্ধা জনাবলৈ দৌৰি আহিল, আহিল শিক্ষক সমাজো ।
           শংখ , ঘণ্টা , বৰকাঁহ , খোল তালৰ ঐক্য ধ্বনিৰে , মাংগলিক উৰুলিৰে তেওঁৰ নশ্বৰ দেহ চিতাত তুলি দিয়া হ'ল ।
        প্ৰতিজন ল'ৰাই হাতে হাতে জোৰ লৈ তেওঁৰ মুখাগ্নি কৰিলে । দপ দপকৈ জ্বলি উঠিল চিতাৰ জুই । বহুতকে জ্ঞানৰ আলোক বিলোৱা , আলোক সন্ধানী জনক জুইৰ লেলিহান শিখাই ক্ষন্তেকতে আৱৰি ধৰিলে । ধোঁৱা , ছাই হৈ ক্ৰমে বিলীন হৈ গ'ল তেওঁৰ নশ্বৰ দেহ মাটিৰ লগত । উচুপনিৰ শব্দই নীৰৱতাক থান বান কৰি হৃদয় বীণাত বজালে কৰুণ সঙ্গীতৰ সুৰ ।
          শোকাকুল মানুহবোৰে একো একো চপৰা মাটি সমাধিত জাপি দি শেষ শ্ৰদ্ধা নিবেদন কৰিলে । 
          লʼৰাহঁতক বুজাই সান্তনা দিবলৈ কোনেও সাহ কৰিব নোৱাৰিলে । পিতৃৰ স্নেহেৰে দীৰ্ঘদিন সিহঁতক আৱৰি ৰখা পিতৃ স্বৰূপ ব্যক্তিজনক হেৰুৱাই নিঃস্ব হৈ পৰা সিহঁতৰ গগণ ভেদা কান্দোনৰ আৰ্তৰাৱত থমকি ৰʼব খুজিলে শুকান সুঁতি । সৰি পৰিব খুজিলে গছৰ পাত  ।
         "চা বন্ধুহঁত । চাওক ৰাইজ ! যি জন মানুহে এই সমাজখনক সৰ্বস্ব উজাৰি দি সমৃদ্ধ কৰি গʼল , যাবৰ ,পৰত অকলেই গুচি গʼলগৈ । একো নিবিচাৰিলে আমাৰ পৰা । সেইজন আমাৰ অতি আপোন ব্যক্তিক নিষ্ঠুৰ সময়ে আজি কাঢ়ি লৈ গʼল আমাৰ মাজৰ পৰা । এজাক প্ৰচণ্ড বা- মাৰলীয়ে আমাক এনেকৈ বিধ্বস্ত কৰি গʼল , নিঃস্ব কৰি থৈ গʼল যাৰ জোকাৰণিত আমি যেন সৰ্বশ্ৰান্ত হৈ পৰি ৰʼলো এক উদং পথাৰৰ বুকুত ।
          এটা বছৰৰ ভিতৰতে অগা পিচাকৈ দুটাকৈ সম্ভাৱনাময় তৰুণ সত্ত্বাক আমাৰ মাজৰ পৰা কাঢ়ি নি কাল ৰাক্ষসিণী স্বৰূপ ধুমুহা জাকিৰ হেঁপাহ নপলাল আৰু আজি আমাৰ আঙুলিত ধৰি ধৰি বাট দেখুৱাই লৈ যোৱা এই মানুহজনকো আমাৰ বুকুৰ মাজৰ পৰা নিষ্ঠুৰ ভাৱে আঁজুৰি লৈ গʼল । আমাৰ সপোনৰ ঘৰখন কালৰূপী এই ধুমুহা জাকে তাঁচপাতৰ কাৰেঙৰ দৰে ভাঙি থান বান কৰি পেলালে ।ʼʼ
              "মই মই আজি এইয়া তেখেতৰ চিতা ভষ্ম চুই পণ ৰাখিলো ৰাইজক আমাৰ এই কৰুণ কাহিনীক জীৱন্ত কৰি ৰাখিবলৈ , অমৰ কৰি ৰাখিবলৈ মই সৰ্বস্ব উজাৰি দিম । চিৰদিন মোৰ লেখনীৰ সমাজত অমৰ হৈ থাকিব আমাৰ "ধুমুহাৰ ভঙা সপোন ।ʼʼ
           নগেনৰ উত্ৰাৱল কান্দোনৰ লগে লগে মাটিত বাগৰি কান্দি কান্দি বাগৰি পৰা লʼৰাহঁতক ৰাইজে বুজাবলৈ যত্ন কৰি কৰি এসময়ত সকলোৱে নিজে নিজেও উচুপনি বন্ধ কৰিবলৈ অসমৰ্থ হৈ পৰিল ।
          শুকান সুঁতিৰ পাৰত যুগান্তৰলৈ বিধ্বস্ত হʼল এটি সপোনৰ কাৰেং ।              
যৱনিকা
           


পৃষ্ঠা ৯

অভিশ্ৰুতি

চয়নিকা বৰুৱা

খণ্ড ১৫

• কি হ'ল দাদা ? তই এনেকে আছ যে ?

• তই ভিতৰলে ব'লচোন প্ৰথমে, তাৰ পাছত সকলো গ'ম পাবি।

• কি হ'ল ক' দাদা ? মোৰ হ'লে বৰ ভয় লাগিছে।

• তোক ভিতৰলে যাব কৈছো নাই ? ভিতৰত সকলো কথা গ'ম পাবি।

• ব'ল।
ভিতৰলে সোমাই গৈয়েই দেখিলো মজিয়াত তেজ পৰি আছে। জীয়টো চিৰিং কৰিলে। লাহে লাহে যিমানেই ভিতৰলে সোমাই গৈ আছো তেজবোৰ বেছিকৈয়ে দেখিছো। পৌটিকতে চকীখনত বিকি দা বহি আছে। তাৰ কাষৰ খনত চাবলে লৈ দেখিলো.....
• আপুনি ? আপ.....আপোনাৰ এ....এইবোৰ কি.....কি....কি হ'ল ? কেনেকৈ ইমান দুখ পালে?

• Miss Srutishna...মই মানে...

• আপুনি কি ?

• মই মানে ?

• কি মই মানে মই মানে কৈ আছে ? নকয় কিয় এইবোৰ কেনেকৈ.............
কেনেকৈ বুলি মই কান্দিবলৈ ধৰিলো।

• ঐ....দাদা...তই ক....এওঁৰ এইবোৰ কেনেকৈ ?

• মই কি ক'ম পোৱালি। ইয়াৰ আজি.....

• ইয়াৰ আজি....কি দাদা ?

• ইয়াৰ আজি.....ইয়াৰ আজি...তোক ভয় খোৱাবলৈ মন গ'ল.....হা হা..হা হা...হা হা।

মোৰ চকুৰপানী অহৰহ্ বৈ আহিল।

• ইমান ডাঙৰ ধেমালি...মনতো ভাঙি পৰিল দাদা। তেওঁ এবাৰলৈও চিন্তা নকৰিলে দাদা....এইবোৰ দেখি মোৰ কি হ'ব...এবাৰলৈও মনত নেখেলালে...এনে ধেমালীয়ে অভিৰ শ্ৰুতিক মনত কিমান আঘাত দিব। এবাৰলৈও নাভাবিলে দাদা।.....
..আৰু তই এবাৰলৈও নাভাবিলি নে দাদা...তোৰ পোৱালিৰ তেজ দেখিলে কি অৱস্থা হয়। এবা.....
ৰ......দা.. দ....
উশাহ ল'ব নোৱাৰা অৱস্থা হৈ পৰিল মোৰ। মূৰৰ কোনোবা এটা জেগাত কিবা এটাই যেন কোবাইছে..এনে অনুভৱ। চকু কেইটা লাহে লাহে জাপ খাইছে। গলগলীয়া মাত ভাহি আহিছে...কোনোবায়ে শ্ৰুতি বুলি চিঞৰিছে...কোনোবায়ে আকৌ পোৱালি বুলি। কি হৈছে ধৰিব পৰা নাই। তাৰ পাছত আৰু নাজানো কি হ'ল....কিন্তু চকু কেইটা মেলি দেখা পালো এটা বগা কোঠা। কাষৰতে এটা চেলাইনৰ বটল। সন্মুখৰ বিছনাখনত দেউতা...। কিন্তু আচৰিত দেউতাৰ দাড়ি, চুলি দেখোন পকিল। কালিলৈকে ক'লা চুলিকোচা আজি বগা দেখিলো। বিছনাখনৰ পৰা অলপ দূৰত মা। এইয়া কি ?...মাৰো দেখোন চুলি পকা। মাৰ কাষত দাদা। দাদায়ে আকৌ পাৱাৰ চছমা এযোৰ পিন্ধি আছে। ই নো এইযোৰ কেতিয়া পিন্ধিবলে ল'লে ? দাদাৰ কাষত এগৰাকী বোৱাৰী। কেতিয়াও দেখা নাই যেন লাগিল। ভালকৈ মন কৰিলো...এইয়া চোন প্ৰিয়া। তাই কেতিয়া বিয়া হ'ল।...এনেতে নাৰ্চ বাইদেউ এগৰাকী কোঠাটোলৈ সোমাই আহিল। হাতত এটা ইনজেক্ছন লৈ আহিছে। মোৰ বৰ ভয় লাগে এই বস্তুটোলে। যিমানেই নাৰ্চ বাইদেউ মোৰ কাষ চাপিছে...সিমানেই মই মোৰ ভৰি কেইখন কোচাই দিছো। তেওঁ মোৰ ওচৰলে আহি মিঠা মাতেৰে ক'লে....

• একো নাই বা। তুমি ভয় নাখাবা।

মোতকে সৰু হে দেখোন।

• লাহেকে দিব বেজি। মোৰ বৰ ভয় লাগে।
ইনজেক্ছনটো হাতত দিওঁতেই মই চিঞৰি হাতত খন টানি আনোতেই কোনোবায়ে মোৰ হাতখন খামোচমাৰি ধৰিলে আৰু সাবতি ধৰিলে। তেওঁ কোন ...কোনে মোক সাবতি ধৰিলে ? ইনজেক্ছনটো দি নাৰ্চ গৰাকী গুচি গ'ল। লাহে লাহে মই চকু কেইটা মেলি দেখো সন্মুখত এজন মানুহ। দাড়ি বহুত আছে। চুলিবোৰো বহুত হ'ল। কোন তেওঁ মনিব হে পৰা নাই।...মা-হঁতৰ আগত এনেকৈ মোক সাবতি ধৰিলে। কোন হ'ব পাৰে বাৰু। চিনি নাপায় মই সুধিলো...
• আপুনি......? আপুনি কোন বাৰু ? মই চিনি পোৱা নাই।
মানুহজনৰ চকুৰে চকুপানী বৈ আহিল। আৰু থুকাথোকি মাতেৰে মাতিলে...

• Hey...Miss.....srutishna.

• আপুনি ? আপোনাৰ চুলি, দাড়ি...এইবোৰ কি....কালিৰ লৈকে দাড়ি নাছিল। চুলিও চুটি আছিল। কিন্তু এদিনতে এইবোৰ কি ?

•এদিনতে ? 
Hey...miss.....তুমি এই সাতবছৰ ক এদিনবুলি কৈছা ?

•সাতবছৰ ? মানে মই বুজা নাই।

•তুমি নাজানা মাজনী।
মাৰ মাত শুনা পায় মালে চালো...

•যোৱা সাতবছৰে তুমি এনেকৈয়ে শুই আছিলা। 

মই একো বুজিব পৰা নাই। সাতবছৰ শুই আছিলো মানে...? মোৰ চোন একো মনত নাই ? কি হ'ল..কি কথা একো নাজানো মই। অভিলে চাই সুধিব লওঁতেই তেওঁৰ ফোনটো বাজিল। কিন্তু ফোনটো দেখি মোৰ যেন সকলো শেষ হৈ গ'ল তেনে লাগিল। অভিৰ ফোনলে ফোন কৰা নাম্বাৰটো Wife বুলি চেভ কৰা আছে। এইবোৰ কি ? Wife বুলি চেভ কৰা আছে যে। এনেকেটো নিজৰ Wife r নাম্বাৰ হে চেভ থাকে। অভিৰ ফোনলৈ এনে নামত....... তাৰ মানে অভিয়ে....

•Hello....নেহা। কোৱা।....আহাঁ..সোমাই আহাঁ...। তাই বৰ্তমান ক'মাৰৰ পৰা ঘূৰি আহিল। আহাঁ লৈ আহাঁ..ইয়ালৈকে...।

ক'মা....মানে । কোন ক'মাত আছিল ? অভিয়ে কাৰ কথা কৈছে ? মই এই সাতবছৰে ক'মাত আছিলো নি ? মনত বহুত প্ৰশ্ন..কিন্তু উত্তৰ হে নাই। এই প্ৰশ্নবোৰে মোক বৰকৈ আমনি কৰিছে। এনেতে দৰ্জাখন খুলি এগৰাকী ছোৱালী সোমাই আহিল। লগা লগ অভিয়ে ক'লে...

•নেহা। আহাঁ....এটা কাম কৰা...ভাতখিনি তাতে থৈ দিয়া।

নেহা মানে....এইয়াই কি অভিৰ ?......মনত সাহস গোটাই ছোৱালী জনীলে চালো। শিৰত সেন্দুৰ। কঁপালত ৰঙাফোঁট।.....তাৰ মানে এইয়াই..

•অ.....ভি।

•Hey...miss....ইমান বছৰৰ...... আকৌ মাতা...

•অভি..

• কোৱা।

•এ.....এওঁ কোন হয় ?

•এওঁ....এওঁ নেহা। আমাৰ ঘৰৰ নতুন সদস্য।

•ন.....নতু....নতুন মানে ? এওঁ তোমাৰ কো....কোন হ...য় অভি...?

• Wife....


আগলৈ........


পৃষ্ঠা ১০

এই বাটেদি ৰাধা যমুনালৈ যায়

শিৱানী বৰা, হাতীগাওঁ, গুৱাহাটী
দূৰভাষ-৭০০২৫৬৪৮৪৪

যোৱা সংখ্যাৰ পিছৰ পৰা

ছয়

       আজি ৰাসৰ অন্তিম দিন। মানুহজনী আনকালতকৈ অলপ সোনকালেই সাৰ পালে। সোনকালে কামত ধৰিলেহে গৰু গাই বান্ধি থৈ আজৰি হ'ব পাৰিব। আকৌ ৰাতিৰ সাঁজ সোনকালে ৰান্ধিবও লাগিব। 
       ল'ৰালৰিকৈ কামবোৰ অটাই এইবাৰ কাপোৰজাপ লৈ মানুহজনী বৰ পুখুৰী পাৰলৈ ওলাল। আজি ৰাতিপুৱাৰে পৰা মনটো কিবা এটা ভাল লগা ভাবেৰে আবৰি আছে। বহুত দিনৰ মূৰত আজি ক'ৰবালৈ ওলাই যাব। এনেই বাৰু কাষৰে ইঘৰ সিঘৰলৈ গৈয়েই থাকে। কিন্তু ফুৰিবলৈ যাবলৈ তেনেকৈ কোনো নায়েই। আজি হেঁপাহ পলুৱাই চখ কৰিব। 
      চখনো আৰু কি ? ৰাতিপুৱাই তিয়াই থোৱা বুট কেইটা ভাজি কাষত বহা কেইজনীৰ লগত একেলগে ভগাই খাব আৰু আলোচনাবোৰত ভাগ ল'ব। এই আলোচনাৰ ৰস কেনেকুৱা  সেয়া ভাগ লোৱা সকলেহে গম পায়। কোনে কাৰ কাপোৰ পিন্ধিছে, কাৰ জীয়েকজনী দিব পৰা হৈছে, গোপ শিশু নাচি থকা কোনজনী কেতিয়াকৈ তোলনী বিয়া হ'ব, এই ৰাসৰ কেইদিন কাৰ জীয়েক কাৰ পুতেকলৈ পলালে, কাৰ পুতেকে ছোৱালী আনিলে আদি অনেক কথা। 
         আঁতৰৰ পৰা ভাঁহি আহিছে ভটভটিখনৰ চিনাকি মাতটো। এইবাৰ আপোনভাবত বিভোৰ হৈ কাপোৰ ধুই থকা মানুহজনী অলপ সজাগ হ'ল। চাদৰৰ আচলেৰে মুখখন মোহাৰি কাপোৰ যোৰ অলপ সংযত কৰি সেইফালে চাই ৰ'ল। গতি বেগটো লাহে লাহে কমি আহিল ভটভটিৰ। মুখবন্ধ টুপিটোৰ ভিতৰত লুকাই থকা চকুকেইটালৈ আজি হেঁপাহতে জুমি চালে মানুহজনীয়ে। পকেটৰ পৰা কিবা এটা উলিয়াই ৰাস্তাতে পেলাই থৈ গুচি গ'ল ভটভটিখন। লগে লগে মানুহজনীয়ে ইফালে সিফালে চাই বস্তুটো লৈ আনিলেগৈ। 
        এখন চিঠি। মানে সৰু কাগজ এখিলা।  কি লিখিছেনো পঢ়িবলৈ খুব মন গৈছিল যদিও মানুহে দেখাতকৈ ঘৰত গৈ মনে মনে পঢ়াই ভাল বুলি পিন্ধি থকা ব্লাউজটোৰ ভিতৰত ভৰাই থৈ আকৌ কাপোৰ ধুবলৈ উভতি আহিল। 
               ব্লাউজটোৰ ভিতৰৰ পৰা বিয়পি পৰা বিলাতী সুগন্ধিৰ সুবাসটো উজাই ল'লে মানুহজনীয়ে। মতলীয়া কৰি নিব পৰাকৈ ধুনীয়া সুগন্ধি। এনেকুৱা সুগন্ধি ঘঁহাৰ সুবিধা সকলোৰে নাই। বিয়াবোৰত দৰা-কইনা সজাওঁতে সকলোৰে গাত ছটিয়াই যোৱা ধুনীয়া সুগন্ধিকণ পোচাকী কাপোৰ যোৰৰ পৰা গুচি যাব বুলিয়েই কেতিয়াবা ৰ'দত দি বাকচত ভৰাই থয় মানুহজনীয়ে। নহ'লেনো ক'ত সানিব পাৰে বিধবা মানুহজনীয়ে এই সুগন্ধি ? কাষলতিৰ তলত প'ন্দচ পাউদাৰ অকনকে সানি যায় ক'ৰবালৈ গ'লে। 
                 ধুনীয়া গোন্ধটোত মানুহজনীৰ মুখখন উজ্জ্বলি উঠিছে। ভাল লগা ভাব এটা বিয়পি পৰিছে মানুহজনীৰ চকুৱে মুখে। একেটা চোলাকে থুকুচি থুকুচিও মানুহজনীৰ ভাগৰ লগা নাই আজি। এইকণ সুখৰ যেন তুলনা নাই। নাভাবোঁ বুলিও দেখোন মনৰ কোনোবা গোপন কোণত হেঁপাহ বোৰে পোশা মেলিব খোজে। ইচ্ছা কৰিও সামৰি ৰাখিব নোৱাৰে এই ভাবনা। 
                 এই সুখৰ আগমন হোৱাও বেছি দিনৰ কথা নহয়। তিনি বছৰৰ আগতে লগ পাইছিল তেওঁক মানে ৰঞ্জন  কলিতাক। মিলিটেৰী কৰে কাৰণে তেওঁক সকলোৱে মেলটৰী বুলিয়েই মাতে। 
                 ঘৰখনৰ মাজুজনী বোৱাৰীৰ মাকৰ ঘৰ দুমাইলৰ বাট মাত্ৰ। ভায়েক প্ৰশান্ত প্ৰায়েই আহিয়েই থাকে বায়েকৰ ঘৰলৈ। তিনি বছৰ মানৰ আগতে বহাগৰ বিহুতে প্ৰশান্তৰ লগতে আহিছিল ৰঞ্জন । সেইদিনা তেওঁলোকৰ  চোতালত গাঁৱৰ ডেকা, জীয়াৰী ,বোৱাৰী সকলোৱে হুঁচৰি মাৰি আছিল। মানুহজনীয়ে সকলোকে তামোল চালিৰ যোগান ধৰি ফুৰিছিল। তেনেতে কোনোবাই ঢোলত ৰগৰ তুলি গাইছিল-

               " ঐ এইবাৰ নাচিব ঐ কোন ?
       এইবাৰ নাচিব আমাৰ ভদ্ৰনী খুৰীটি 
               ঐ নাচাইনোঁ থাকিব কোন......" 

               কোনোবা গাভৰু দুজনীমানে হাতত ধৰি টানি লৈ আহিছিল ভদ্ৰনীক। এসময়ৰ নাচনীজনীয়ে ঢোলৰ চাপৰ শুনি কিমান দেৰি নিজকে সংযম কৰি ৰাখিব পাৰিব ? টাকুৰি ঘূৰাদি ঘূৰি ঘূৰি নাচিছিলে মানুহজনীয়ে সেইদিনা। যেন অতদিনে ভদ্ৰনীৰ আঁৰত শুই থকা ৩৬ বছৰীয়া তৰুণীজনী সাৰ পাই উঠিছিল। ঢোলৰ চাপৰত পেঁপাৰ লহৰত বিহু গীতৰ তালত নিজকে এৰি দিছিল তেওঁ। সকলোৰে অজানিতে সেই নাচনীজনীয়ে সেইদিনা কাৰোবাৰ মন হৰি নিছিল। 
                    ছুটি শেষ হোৱাৰ আগে  আগে  প্ৰশান্তৰ লগত এৰাতি থাকিবলৈ অহা ৰঞ্জনে বাহিৰৰ চৌকাত গাহৰি মাংস বনাই থাকোঁতে কাষতে আলু বাকলি গুচাই থকা মানুহজনীক সুধিছিল-

: নামটো কি বুলি কৈছিলে পাহৰিলোঁ নহয় ?
 
               গলগলীয়া মাতষাৰে ভিতৰলৈকে কঁপাই তুলিছিল মানুহজনীক। আচৰিত হৈ তধা লাগি চাই ৰৈছিল তেওঁৰ মুখলৈ। এৰা আচৰিত হোৱাৰে কথা বিয়াৰ পিছত জীৱনত প্ৰথমবাৰৰ বাবে কোনোবাই নামটো সুধিছিল তেওঁক। মুখৰ পৰা স্বতস্ফুত ভাবে ওলাই আহিছিল-

: ভদ্ৰনী। 

: কি ? নিজৰ নাম নাই নেকি ? 
                গহীনত কোৱা কথাষাৰত জিকাৰ খাই উঠিছিল মানুহজনী। এৰা মানুহজনীৰো এটা নাম আছিল। নিজৰ নাম। মাকে দিয়া নাম। 

: অন্নপূৰ্ণা। 

      কঁপা কঁপা ওঁঠেৰে কৈছিল মানুহজনীয়ে। 

: অন্নপূৰ্ণা তোমাক সেইদিনা বিহু নাচি থাকোঁতে দেখিলোঁ। তেতিয়াৰে পৰা তোমাৰ কথাই ভাবি আছোঁ।  পাক লগাকৈ কথা ক'ব নাজানোঁ মই। চিধাকৈ কৈছোঁ। বিয়া কৰাব বিচাৰোঁ তোমাক। হ'বানে বিয়া মোলৈ তুমি ?              
                   অনাকাংক্ষিত প্ৰস্তাৱটো শুনি থৰ থৰকৈ কঁপিছিল মানুহজনী। একো নভবাকৈ পূৰ্ণহতীয়া  চৰ সুদাইছিল মেলটৰীৰ গালত লগতে কৈছিল-

: মাকৰ বয়সৰ মানুহ এজনীক এনেকুৱা কথা ক'বলৈ লাজ লগা নাই।           
                 কিন্তু মানুহজনীক আচৰিত কৰি ৰঞ্জন মেলটৰীয়ে হো হোৱাই হাঁহি দিছিল। 

: কোনে ক'লে মই তোমাৰ ল'ৰাৰ বয়সৰ বুলি। তুমি মোতকৈ খুব বেছি এবছৰ বা দুবছৰ ডাঙৰ বুজিলা। আৰু নিজকে বুঢ়ী সজাই কি ভালপোৱা তুমি ? দিনে ৰাতিয়ে এই নৰকত লেদেনা উকতি থকাতকৈ মোৰ লগত বিয়া হৈ লোৱা তুমি। যদি তোমাৰ আপত্তি নাই এইবাৰেই লগত লৈ যাম।    
                 সেয়াই আৰম্ভণি আছিল। মানুহজনীয়ে প্ৰথমে প্ৰথমে খুব আপত্তি কৰিছিল। কিন্তু ৰঞ্জন মেলটৰীৰ তেওঁৰ আপত্তি বেছি দিন নৰজিল। অৱশেষত হাৰ মানিবলৈ বাধ্য হ'ল তেওঁ। কিন্তু ৰঞ্জনৰ ওচৰত এটা চৰ্ত ৰাখিলে যে বিয়াৰ কথা কেতিয়াও নাভাবে মানুহজনীয়ে। 
              চৰ্তটো মানি ল'ম বুলি প্ৰথমতে সৈমান হৈছিল । কিন্তু পিছলৈ ছুটিত আহিলে সদায়েই লগতে লৈ যাম বুলি জিদ কৰে। মগজুৱে বাধা দিলেও মনটো ভৰি পৰে মানুহজনীৰ। তেওঁকো ইমান  ভালপোৱা মানুহো আছে পৃথিৱীত। 
             প্ৰতিবাৰে বিয়া পাতিম বুলি কোৱা জিদটোত মানুহজনী মৰহি যায়। যাৰ পৰিচয় লৈ সমাজখনত জীয়াই আছে সেই মৃত মানুহজনৰ সন্মানত আঘাত সানিব নোৱাৰে তেওঁ। যিখন ঘৰে প্ৰতি পলে তেওঁক আৱৰি আছে, সেই সদস্য সকলৰ মৰম নেউচিব নোৱাৰে তেওঁ। 
                বিধবা মানুহজনীয়ে দুকুৰি হ'বলৈ ধৰা বয়সত পিলিঙা গাভৰুৰ দৰে পিৰিতি কৰিলে জানো শোভা পায় ! এই বিবাহ সমাজে  মানি যে নলয় সেই কথা মানুহজনীয়ে খুব ভালদৰে জানে। কিন্তু ৰঞ্জনে তেওঁক পলুৱাই নিয়াৰ প্ৰস্তাৱো আগবঢ়ায়। মানুহজনীয়ে সেই প্ৰস্তাৱ লগে লগে নাকচ কৰি দিয়ে। তেনে অপবাদ নালাগে তেওঁক। " ভদ্ৰনী খুৰী মেলটৰীলৈ পলাই গ'ল" এই খবৰটো শুনিব নিবিচাৰে তেওঁ।  
               সমাজৰ বা ঘৰখনৰ দোহাই দিলে প্ৰতিবাৰেই ৰঞ্জন মেলটৰীয়ে কয় মানুহজনীক -

: তুমি যে ইমান সমাজ সমাজ ঘৰ ঘৰ কৈ থাকা। কিমান খবৰ বা যত্ন লয় তোমাৰ ? কিমান খবৰ ৰাখে তোমাৰ ঘৰখনে ?      
              মানুহজনীয়ে  লগে লগে কৈফয়ৎ দিয়ে যে কিমান সন্মান দিছে সমাজখনে তেওঁক। গোঁসাইৰ শৰণ লোৱা গোপিনী তেওঁ। গোবিন্দ পাঠকেও মানুহজনীয়ে ৰন্ধা ভাত খাই আজিকালি। ঘৰখনৰ বিৰুদ্ধে এষাৰ কথাও পাতিব নিবিচাৰে তেওঁ।  ইমান দিন মৰমত আশ্ৰয় দিয়া ঘৰখনৰ কথা কিয় বেয়াকৈ ক'ব মানুহজনীয়ে ? মানুহজনীক বুজাব নোৱাৰি প্ৰতিবাৰেই হতাশ হৈ উভতি যাইগৈ ৰঞ্জন মেলটৰী।        
               এইবাৰ পূজাতে আহিলে ৰঞ্জন। ৰাস চাই তিনি দিনৰ পিছত ঘূৰি যোৱাৰ কথা। সেইদিনা সিহঁতৰ ঘৰলৈ আহোঁতে জুইশালত বহাৰ চলেৰে মানুহজনীক কৈ গৈছিল এষাৰ কথা । সেইদিনা গোটেই ৰাতিটো শুব পৰা নাছিল মানুহজনী। বাৰে বাৰে কাণত বাজি আছিল সেই কথাষাৰ-

: বুকুত শত্ৰুৰ গুলী খোৱাৰ আগতে তোমাক নিজৰ কৰি ল'ব বিচাৰোঁ পূৰ্ণা । এইবাৰ বাধা নিদিবা মোক। লগত লৈ যাম তোমাক। মৰাৰ আগতে জীৱনটো জী চাব বিচাৰোঁ এবাৰ। 

              সৰসৰাই নিগৰিছে চকুলো। ধুই থকা চোলাটো খামুচি এইবাৰ উচুপি উঠিছে মানুহজনী। চকুৰ আগত ভাঁহি আহিছে সেনাৰ গাড়ীৰ পৰা নমাই অনা জাতীয় পতাকাৰে মেৰিয়াই থোৱা এটা কফিন। তাৰ লগে লগে আৰু এখন ছবিয়ে খুন্দিয়াই গৈছে মানুহজনীক। চোতালত ঢাৰি এখনত বগা কাপোৰে মেৰিয়াই শুৱাই থোৱা ভদ্ৰ মহৰীৰ ধুঁৱলী কুঁৱলী মুখখন। 

              কাপোৰ কেইটা নোধোৱাকৈ বাল্টিটোত ভৰাই ধুই থোৱা কেইটা এহাতে লৈ মানুহজনী কোবাকুবিকৈ ঘৰলৈ উভতিল। 


আগলৈ.........


পৃষ্ঠা ১১

অণুগল্পঃ

ক/ ৰঙালী

          বিহু বুলি ক’লেই সকলোৰে মনবোৰ ৰঙালী হোৱাৰ বিপৰীতে জিতুহঁতৰ ঘৰখন আজিকালি ডাৱৰীয়া হৈ থাকে ৷ কাৰণ ৩ বছৰৰ আগত ৰঙালীৰ প্ৰথম দিনটোতেই এজাক নিচাসক্ত যুৱকৰ বাইকৰ খুন্দাত জিতুৰ দেউতাকৰ শৰীৰটোও ৰাঙলী হৈ ৰাস্তাৰ মাজত পৰি আছিল ।

ৰিম্পী গগৈ
নকছাৰি
৯১০১৮৭২০৪৩

 খ/ দায়িত্ব

       "ল'ৰা ডাঙৰ হৈ আহিছে। তোমাৰ আৰু চিন্তা নাই দিয়া শৰ্মা। লাহে লাহে দায়িত্ববোৰ সিয়েই কান্ধ পাতি ল'ব।" সহকৰ্মী ডেকাৰ কথাখিনি শলাগিব খুজিও বিভৱ শৰ্মা থমকি ৰ'ল।
       বিভৱ শৰ্মা নিজেও এদিন দায়িত্ব ল'ব পৰা হৈছিল। পিছে ঘৈণীয়েকৰ কথা অগ্ৰাহ্য কৰিব নোৱাৰি বৃদ্ধ মাক-দেউতাক, সহোদৰক এৰি নগৰৰ বাসিন্দা হৈ সকলো দায়িত্বকে আওকাণ কৰি চলিছিল।

অংশুমান ভূঞা
চামতা,নলবাৰী



পৃষ্ঠা ১২

এক মিনিটৰ গল্পঃ

সহচৰ

তাক চাবোনেৰে ভালকৈ গাটো ধুৱাই দি ভাতকেইটা খাবলৈ দিলো, নাই মোৰ দৰে তাৰো অনীহা হৈছে খোৱাত ! এই কেইমাহত আমাৰ গোটেই পৃথিৱীখনেই যেন সলনি হৈ গ'ল ! মাংস নহ'লে সি ভাত নাখায় বুলি জনাস্বত্তেও মইহে এইকেইদিন তাক ভালকৈ আলপৈচান ধৰিব পৰা নাই, বিষাদগ্ৰস্ত মন আৰু ভাৰাক্ৰান্ত মগজুৰে মই নিজকেই যে চম্ভালিব পৰা হোৱা নাই ! এনেকৈ থাকিলে নহ'ব বুলি মাস্কখন মাৰি বজাৰৰ মোনাখন হাতত লওঁতেই সিও আহি হাজিৰ হ'ল, উপায় নাপায় তাকো মানুহজনীলৈ কিনা মাস্কখনকে চিলাই দুটা মাৰি পিন্ধাই লগতে লৈ গ'লো। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আমালৈ চাই ফিচিঙা-ফিচিঙি কৰিলেও মই বৰ এটা গুৰুত্ব দিয়া নাই, সি কিন্তু তাৰ ভাষাৰে প্ৰতিবাদ কৰিছে। ঘাতক নহয় বুলি কোৱাস্বত্তেও মই মোৰ মানুহজনীক যোৱা জুলাই মাহত কৰ'ণাত হেৰুৱালো, এতিয়া জীৱ জন্তুৰ কৰ'ণা নহয় বুলি কোৱা কথাষাৰ বিশ্বাস কৰি মোৰ জীৱন যাত্রাৰ একমাত্ৰ সহচৰটোক হেৰুৱাব নোখোজো মই! ভৌ ভৌ কৈ প্ৰতিবাদ কৰোতে খুলি যোৱা তাৰ মাস্কখন মই আকৌ এবাৰ টানকৈ গাঁঠি দিলো।

অনসূয়া বৰঠাকুৰ


পৃষ্ঠা ১৩

অনুবাদ কবিতা ঃ

My Pretty Rose Tree

A flower was offered to me,
Such a flower as May never bore;
But I said 'I've a pretty rose tree,'
And I passed the sweet flower o'er.
Then I went to my pretty rose tree,
To tend her by day and by night;
But my rose turned away with jealousy,
And her thorns were my only delight.

William Blake

মোৰ ধুনীয়া গোলাপজুপি


প্ৰাণকৃষ্ণ গোস্বামী

এপাহ ফুল মোলৈ আগবঢ়োৱা হৈছিল
এনে ধুনীয়া ফুল বসন্তত কেতিয়াও ফুলা দেখা নাই;
কিন্তু মই ক'লোঁ,' মোৰ এজোপা ধুনীয়া গোলাপফুল আছে'
আৰু মই সেই সুন্দৰ পুস্পাৰ্ঘ্য এৰাই চলিলোঁ ৷

তাৰ পিচত,মই মোৰ গোলাপজুপিৰ কাষলৈ গৈ
অহৰ্নিশে পৰিচৰ্য্যা কৰিলোঁ,কিন্তু
ঈৰ্ষাত মোৰ গোলাপজুপিয়ে মুখ ঘূৰালে,
আৰু তেওঁৰ কাঁইটেই মাথোঁ হৈ ৰ'ল মোৰ আনন্দ ৷

【 উইলিয়াম ব্লে'ক(১৭৫৭-১৮২৭)  এজন বিখ্যাত ইংৰাজ কবি আৰু চিত্ৰশিল্পী ৷ হাতে অঁকা চিত্ৰতকৈও তেওঁ পাতলীয়া ধাতুৰ(তামৰ) পাতত 'ৰিলিফ ইটিচং' নামৰ এক প্ৰক্ৰিয়াৰে খোদিত কৰা চিত্ৰশিল্পৰ বাবে বেচি বিখ্যাত আছিল ৷ কাব্য সাহিত্যত ওঠৰ শতিকাৰ শেষৰ দশকত সৃষ্ট 'ৰোমাণ্টিক' ভাৱধাৰাৰ     তেওঁ এজন বিশেষ গুৰি ধৰোঁতা আছিল ৷ তেওঁ সৃষ্টি  কৰা কবিতা আৰু চিত্ৰাংকনসমূহ ফঁৰাচী আৰু আমেৰিকান বিপ্লৱী ভাৱধাৰাৰে যথেষ্ট প্ৰভাৱান্বিত হৈছিল ৷ বহুতে আক্ষেপ  কৰে যে উইলিয়াম ব্লেকৰ সৃষ্টিসমূহ সেই সময়ৰ সমাজে ভালদৰে নুবুজাৰ বাবে বিশেষ সমাদৰ পোৱা নাছিল ৷ এতিয়াহে  যেন তেওঁক কবি-চিত্ৰশিল্পী হিচাপে তেওঁৰ  প্ৰাপ্যখিনি দিয়া হৈছে ৷ ২০০২ চনত বি বি চিৰ এটা সমীক্ষাত,প্ৰথম এশজন সৰ্বশ্ৰেষ্ঠ বৃটিশ নাগৰিকৰ ভিতৰত তেওঁ ৩৮ তম স্থান পোৱাটোৱেই তেওঁৰ অৱদানৰ পৰিচায়ক ৷


পৃষ্ঠা ১৪

কবিতাঃ

আক'উ পাণবজাৰত থিয় হৈ

(COTTONIAN  সকলৰ হাতত)

তোমালোক কেনে আছা
গৰ্জনমুখৰ ৰেলগাড়ীৰ দৰে গতিময় ,গৰ্বিত ?

কেনে আছে প্ৰেমৰ প্ৰতি নিচাসক্ত পাণবজাৰৰ গধুলিবোৰ
দীঘলিপুখুৰী পাৰৰ মায়াময়  আত্মহনন বাসনাৰ দুপৰীয়াবোৰ
কেনে আছে পুৰণি উৱলা চিঠিবোৰ 
য'ত এজন প্ৰেমিক জী উঠিছিল, বাৰে বাৰে মৰিছিল 

কেনে আছে তোমালোকৰ সেউজীয়া বুকুৰ পথাৰবোৰ 
য'ত কণ কণ গজিছিল  বিশ্বাসৰ ঘাঁহবোৰ 
কেনে আছে তোমালোকৰ নিৰণ্ণ চুবুৰীয়াহঁত 
ভোকত নে উৎসৱত নে মৃত্যুৰ আৰাধনাত 
কেনে আছে বস্তিৰ তিৰোতাবোৰ 
মাকৈ বিক্ৰি কৰি নে নিজৰ দেহ 

কোৱা কেনে আছা
জীৱনৰ প্ৰতি লালায়িত দীঘল সপোনৰ দাঁতিত সম্ভাষণেৰে থিয় হৈ
অথবা মূক পৰাজয়ৰ বেদনাত শিৰ নত ?
কোৱা কেনে আছা 
বসন্তত খৰাঙৰ দুস্বপ্ন লেটি লৈ 
ভাঙি যোৱা মথাউৰিৰ ভগ্নতাত ভগ্নতাৰ কন্ঠস্বৰ হৈ 
নে বৈ যোৱা নৈৰ দৰে উজ্জ্বল তগবগ 
নে বাগৰি উঠিব নোৱাৰাৰ যাতনাৰ অপমানত 

কেনে আছে সকলো পুৰণি সুহৃদ 
গুচি যোৱা প্ৰেমিকা
অমৰ হোৱাৰ সকলো কুচকাবাজ 

তোমালোক কেনে আছা
গৰ্জনমুখৰ ৰেলগাড়ীৰ দৰে গতিময়, গৰ্বিত ?

কেনে আছে প্ৰেমৰ প্ৰতি 
কেনে আছে বন্দুকৰ প্ৰতি নিচা ?

প্ৰণৱ কুমাৰ বৰ্মন
নলবাৰী
               

পৃষ্ঠা ১৫

স্তৱক

(১)

নেদেখাকৈ নুশুনাকৈ নুবুজাকৈ
অনুভৱৰ কৰণীত চিত্ৰিত
মৌন ভাষাৰ শব্দগুঞ্জনেৰে
কাৰ বাবে এই কবিতা ।

(২)

নিষিদ্ধ যোদ্ধা মই 
না স্বাধীন হোৱাৰ ভয়
না পৰাধীন হোৱাৰ ভয়
পৃথিৱীৰ একো লালসা নাই
মায়াৰ কোনো শংকা নাই
হেৰুৱাইও পোৱাৰ আশা নাই
জহি পমি ডুবি
আকৌ সৃষ্টি 

(৩)

অংগক্ষত দেহাটোত
কিমান তেজৰ কিৰিলি
টোপ টোপ টোপকৈ
তেজে বনালে জুৰি।

(৪)

কালি মৃত্যু আহিছিল
শেষ ৰাতি।
মই চুই চালো
ও‍ঁঠে ওঁঠে নিগৰি
মৃত্যুৱে দিলে উকি মাৰি।

নীল সাগৰ
গুৱাহাটী


পৃষ্ঠা ১৬

সাম্প্ৰতিক 

নীলমণি মজুমদাৰ

আন্ধাৰত নিমজ্জিত হৈ আছে পৃথিৱী
পৃথিৱীৰ সমস্ত সেউজীয়া
প্ৰেম ভালপোৱা সকলোবোৰ অনৰ্থক
অৰ্থশূন্য হৈ পৰিছে স্বাধীনতা
ভৰষা কৰিলেই প্ৰতাৰিত হʼবা

অৱৰুদ্ধ পোহৰ অহা বাট
সৰ্বত্ৰতে আন্ধাৰৰ খোজ
নিৰুৰ্দ্দিষ্ট কবি
ৰʼদৰ কবিতা মাতি

উৰ্বৰ ভূমিত অঙ্কুৰিত নহয়
অনাথ শিশুৰ হাঁহি

স্বপ্নভঙ্গ মানুহৰ
সম্মুখত
অস্তিত্বৰ সংকট ।



পৃষ্ঠা ১৭

এটি ভাল দিনৰ অপেক্ষাত

সময়ৰ চাকনৈয়াত দূবৰিৰ  দলিছা পৰা
   পদূলিত অপেক্ষা মোৰ
   জানোচা কোনোবা আহে
 কিছুদিন হ'ল তেওঁলোক নহা
আৰুবেলি ব'হাগতে 
  কথা আছিল অহাৰ
   সুখে দুখে
   ঘৰে পৰে
পথাৰে সমাৰে
তেওঁলোক আমাৰ।
এতিয়া সময় দুঃসময়
দুৱাৰে দুৱাৰে আতংক
কাৰোবাৰ আগমনে
কঢ়িয়াই আনে
বিষাক্ত বতাহ
ভীতি আৰু মৃত্যু ঘন্টা।
এসময়ত তেওঁলোক
চুবুৰিৰ পদূলিয়ে পদূলিয়ে
আছিল অমাতৰ মাত আৰু
আকালৰ ভাত
সন্ধিয়াৰ সাক্ষ্যাৎ দামোদৰ
কʼত জানো হেৰাই গʼল
সেই মাতবোৰ।
ক্ৰমশঃ অপৰিচিত হৈ উঠিছে
আজিৰ পৃথিৱী
মুক্ত আকাশ
বিশুদ্ধ বতাহ
সৰল আতিথ্য
সময়ৰ সোঁতত 
সুদূৰত  জাহ গ'ল।
আবেগ আশ্বাস অন্ত পৰিল 
অন্ত পৰিল ভোজন পৰ্বৰো 
ঘৰবোৰ এতিয়া একো একোটা
  নিৰ্জন দ্বীপ হ'ল
তথাপি সুদূৰত দেখোঁ আশাৰ চাকি
এটি উজ্বল দিনৰ
নামক সূৰ্য পুনৰ আগচোঁতালত
ৰʼদে জিলমিল কৰক
মানুহৰ মন।

ঝৰ্নালী শৰ্মা বৰকটকী
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ।


পৃষ্ঠা ১৮

কাহিনী

এটা কাহিনীকে লিখক
ৰ'দ বৰষুণ পোহৰ আন্ধাৰৰ প্ৰচ্ছায়াত,
শেষ নিশাৰ শেষ স্তৱকত
তমসাই কান্দিব।
ৰাঙলি পুৱাৰ প্ৰথম স্পৰ্শত
পোহৰকণাই হাঁহিব।
কথাবোৰ বৈ বৈ গৈ থাকিব
শেষান্তৰৰ শেষ অবিহনে
নিতৌ এটি কাহিনীৰ জন্ম
মুঠতে আপুনি এটা কাহিনী লিখক।
মৃত্যুচহৰতো জন্ম হ'ব
শেষ হৈও শেষ নোহোৱা বহু কাহিনী।
পটভূমিৰ স্কেছ অবিহনে
আপুনি কাহানিও নিলিখাকৈ।।

নিৰ শৰ্মা
শিৱসাগৰ
৮৬৩৮৪২৮০৭৮


পৃষ্ঠা ১৯

ব'হাগৰ প্ৰথমজাক বৰষুণ..

ব'হাগৰ প্ৰথমজাক বৰষুণৰ টোপালেই কঢ়িয়াই আনে
অলেখ আশাৰ বতৰা
ব'হাগৰ প্ৰথমটো দিনত এইজাক
বৰষুণেইটো আশাৰ ৰেঙনি আনে, 
কৃষকৰ চকুত জগাই উৎসাহ
শেঁতা পৰি ৰোৱা পৃথিৱীৰ বুকু সেউজীয়া কৰা,
জগাই উদ্দীপনা জীৱন জীয়াৰ...

এইজাক বৰষুণেইটো আঁতৰাই নিয়ে, পৃথিৱীৰ সমস্ত অৱসাদ।
বৰষুণজাকৰ টোপালবোৰ গণিয়েইতো,
ধৰিত্ৰীয়ে ৰচে আগন্তুক সময়ৰ পৰিকল্পনা।

ব'হাগৰ এই প্ৰথমজাক বৰষুণেইটো দিয়ে
নৱজীৱন, নৱৰূপৰ সন্ধান।
এই বৰষুণৰ প্ৰতিটো টোপালেই,
সাতোৰঙী পাখি মেলি,
কঢ়িয়াই আনে এটি নতুন সম্ভাৱনা,
এই ধৰিত্ৰীক সেউজীয়া কৰাৰ।
                     
লীজা বকতিয়াল
ডিব্ৰুগড়  বিশ্ববিদ্যালয়


পৃষ্ঠা ২০

ডায়েৰীৰ পাতত বন্দী

হিমাজ্যোতি তালুকদাৰ
৯৭০৬৬৮২০৩৪

মোৰ অস্তিত্ব তেনেই নগণ্য 
ধূলিকণা মই
যান্ত্ৰিকতাৰ হেঁচাত 
প্ৰদূষণে নোহোৱা কৰি পেলাইছে
মই আঁকি অহা শেষ ছবিখন 

মনত পৰেনে তোমাৰ
ক'ব পাৰিবানে তুমি 
মই আঁকি অহা শেষ ছবিৰ কথা

মোৰ শ্বাস-প্ৰশ্বাসত এতিয়াও বন্দী 
অতীতৰ সোণৱালী দিনবোৰৰ
সেই ছবি 

ছবিখন দেখিবলৈ ঠুনুকা 
আধাজ্বলা ম'মবাতিৰ
ঢিমিক ঢামাক পোহৰ 
ডায়েৰীৰ পাতত বন্দী।


পৃষ্ঠা ২১

মৌনতাৰ বুকুত কোলাহল শুনিছানে ?

জয়া ৰৌফ
মেঘালয়
7005689836

কেতিয়াবা মৌনতাৰ বুকুত
ফাগুনৰ উতলা যৌৱনৰ বিষণ্ণতাৰ কোলাহল শুনিছানে ?
নিৰৱে লুকাই লুকাই বিষাদগ্ৰস্ত চকুৰে
নিগৰি অহা ধাৰাষাৰ বৰষুণত
সৃষ্টি হয় হাজাৰ নিজৰা 
বৈ যায় নিৰৱধী
অমিয়া প্ৰেমৰ লাভণ্যতাৰে।
বিদ্যুদ্দীপ্ত বিচক্ষণতাৰ মহাবীৰ্য
আসৈ বনত হেৰুৱাই
অনাই বনাই বিচাৰিছোঁ বিচূৰ্ণিত আলিপ্ত
মৌন অৰণ্যৰ বুকুত।
তেজোদীপ্ত ৰক্তিম বেলিৰ দলিচাত
খোজোঁ অমিয়া মাধুৰীৰ মদিৰা ;
কেতিয়াবা প্ৰেমৰ আশ্বিক হৈ,,
কেতিয়াবা অশ্বাৰোহী সৈনিক হৈ।
কেতিয়াবা মাজে মাজে ভুমুকি মাৰে বজ্ৰপাতৰ অৰ্ধভষ্ম হুংকাৰ
স্তব্ধ হৈ পৰে আদিত্যৰ কলিজা !
শুকাই যায় বেগবতী অভ্ৰৰ নীলিম;
তেতিয়াই উদ্বিগ্ন হৃদয়খন আতঙ্কত জাগ্ৰত হৈ উঠে
সৱল সংগ্ৰামৰ আত্মিক মূৰ্ছনাই
মৌনতাৰ বুকুত কৰে বেত্ৰাঘাত।
মৌনতাৰ বুকুত কেতিয়াবা সমুদ্ৰৰ প্ৰলয় দেখিছানে ?
সজীৱ সমুজ্জ্বল আত্মাৰ আৰ্তনাদ !
আদৃত প্ৰেমৰ আবিৰ সনা চিঞৰ;
বিমলানন্দ বেদনাৰ অধৰত বিশাল ঢৌৰ তৰঙ্গ হৈ
হৃদয়ৰ অযুত দৈৰ্ঘত;
মৌন হৈ নিৰৱে কথা পাতো।
গভীৰতাৰ পৰা গভীৰতালৈ
হৃদয়ৰ পৰা হৃদয়লৈ
কোনেও নেদেখা কৈ !
এচুকত গোপন মিলন বিষাদৰ উৰ্বৰতাৰে
কাব্য অঙ্কুৰণৰ পোখা গজে,
পিছলৈ হয় ধূম্ৰ গছৰ উপশয় !
প্ৰৱল প্ৰজ্ঞা অনায়াসে থাকে বৈ,,
মৌনতাৰ বুকুত কোলাহল হৈ।।


পৃষ্ঠা ২২

পিতাই

পিতাই অ'ই চা বৰষা আহিছে
নিৰিবিলি গধূলিত বৰষুণ নামিছে,
নাঙল কোৰে মাটি খহাইছে,
ৰোৱনীৰ দুচকুত সপোন নাচিছে।
পিতাই,
তই কোৱাৰ দৰেই পশ্চিমৰ নৈখনি আকৌ ওফন্দিছে।

পিতাই তোৰ দুভৰিৰ গোৰোহা ফটা,
কলা পৰা তোৰ দুচকুৰ পতা।
তোৰ আধা পকা চুলিত নাই দুখৰ বাতৰি,
দুওঁঠত তোৰ শেষ নোহোৱা বসন্তৰ কথা।

পশ্চিমৰ পথাৰত আঠুলৈকে পানী
তোৰ সোঁভৰিৰ কলাফুলৰ জোক,
বুকুলৈ উঠা কেঁচা বোকাৰ গোন্ধ ,
অথবা নাঙলৰ ভৰে দিয়া বুকুৰ বিষাদে
সলাব নোৱাৰে
 আইৰ পুৰণি গীতৰ সুৰ।

পিতাই, পথাৰখনলৈ চা,
বৰ্ষাৰ বুকুৱে বুকুৱে সেউজীয়াৰ কোলাহল
কঠীয়াৰ আৰে আৰে জীৱনৰ সাত সুৰ,
প্ৰতিবাদী নহয় আজি, হাঁহিৰেই বুকু পূৰ।

সেইয়া চা পিতাই আঘোণ আহিছে,
সেউজীয়া পথাৰত সোণগুটি পকিছে,
চৰাইজাকৰ গীতৰ সুৰে,
নৈখনিক হেনো অভিমানী কৰিছে।

দাৱনীজাকক কগৈ আঘোণৰ কথা,
সিহঁতৰ হাতৰ কাচিত জীৱনৰ আশা।

পিতাই,
সোণগুটিৰ ভৰে তোৰ কান্ধ বিষোৱা নাই,
মৰণাৰ গৰুহালে তোক আমনি দিয়া নাই ।
তোৰ খং উঠা নাই আজিৰ সূৰ্যাস্তত,
তোৰ দুচকুত জীৱনৰ শংকা দেখা নাই ।

সোণগুটিয়ে ভঁৰালে পিতাইৰ বুকুৰ ভঁৰাল,
কুঁৱলী নামিছে পথাৰত, নামিব শীতৰ হাহাকাৰ।
তাৰ‌ পিছে পিছে ফাগুন,
বৰদৈচিলাৰ ঝংকাৰ।

শেষ হ'ব প্ৰতিবাদ 
নামিব বসন্ত,
এটি গীত শেষ হ'ব,
এটি কবিতা মাৰ যাব,
বুকুত লৈ এক নতুন আৱাহন
প্ৰকৃতিৰ বুকুত নামিব কোনোবা অচিন কলাকাৰ।


জ্যোতিৰ্ময় শৰ্মা
টিহু নলবাৰী


পৃষ্ঠা ২৩

এখনি নৈ

মিতালী কলিতা

জীৱন পথত খোজ কাঢ়ি গৈ থাকোঁতে
হঠাতে দেখিলোঁ এখনি বোৱতী নৈ
নৈ খনি চালো !
সাঁতুৰি পাৰ হ'ব পাৰিম বুলি
নৈ খন পাৰ হোৱাৰ কথা ভাবিলো।
মনত পৰিল ;
মই যে সাঁতুৰিব নাজানো ।
নৈ খনিলৈ আকৌ  চালো
দেখিলো নৈ খনি সৰু
ডেও দি পাৰ হ'ব পাৰিম
ডেও দিলো নৈ খনৰ সিটো পাৰলৈ
কিন্তু পাৰ হ'ব নোৱাৰিলো
মাজবাটতে পানীৰ মাজত ককবকাব ধৰিলো
চাৰিওফালে চকু দিলো
কিন্তু মোক সেই নৈৰ মাজৰ পৰা
উদ্ধাৰ কৰিবলৈ কাকোৱেই বিচাৰি নাপালো  ।।


পৃষ্ঠা ২৪

বনছাই

মোৰ বাঢ়ি অহা দেহাটোক চেপি চেপি বান্ধি থোৱা হ'ল
দুহাত মেলি আকাশ চুব খোজা
মোৰ ঠালবোৰ কলম দি দি
চকাই পেলোৱা হ'ল....
নতুন প্ৰজাতি সৃষ্টিৰ লালসাত
উফ ! মই যে কিমান কষ্ট পাওঁ
কোনে বুজিব ইচ্ছা আকাংক্ষা 
চেপি ৰখাৰ যন্ত্ৰণা কিমান ?
বন্দিত্বৰ যন্ত্ৰণা কিমান ?
সেউজীয়া ধৰাৰ মুক্ত বতাহৰ
পৰিবৰ্তে ৰঙা নীলা কংক্ৰিট
টাবত মোক বন্দী কৰা হ'ল
আৰু মই !
মই বন্দী হোৱাৰ যন্ত্ৰণাত
ছটফটাই উঠিলো
বিশাল বটবৃক্ষৰ ঠাইত মই
হৈ পৰিলো চুটি ছাপৰ
এজোপা বনছাই
সময়ৰ পাকচক্ৰত আমিও যেন আজি একোজোপা
বনছাই
চাৰিওফালে মৃত্যুৰ উত্তাল কিৰিলিৰ হাতবাউলিত
আমিও আজি অসহায়
মুক্ত আকাশ, মুক্ত বতাহ
আজি দুলৰ্ভ আমাৰ বাবে
সপোনৰ পম খেদি উৰিব
খোজা আজিৰ প্ৰজন্ম
পৰিবেশ পৰিস্থিতিৰ ছেপাত
সিহঁতও যেন সময়ৰ বুকুত
আজিৰ বনছাই...

মিনাক্ষী গগৈ
যোৰহাট
ফোন নং--৭৬৩৬০৪৯৭৫৩


পৃষ্ঠা ২৫

হেৰুৱাৰ সুবাস বিচাৰি , স্মৃতিৰ জলঙাত উঠি 

আইৰ সপোন , আবেগ   আৰু  কৃষ্টিৰ সোপান
        জগত জিনাৰ ন ন কৌশল 
 বোপাই সপোনে চিটিং ফটিকা দিয়া মৌপান
       ঢালি দিয়া মৰমৰ সু-বিশাল ।

হাঁহ আৰু কুকুৰা , তাঁত শালত বোৱা কাপোৰ
      আইয়ে দেখা পাইছিল ৰঙীন সপোন 
ঘৰৰ বলধ হাল , নাঙলৰ ফাল আৰু জুৱলি বোৰ 
  পথাৰবোৰেই আছিল বোপাইৰ মনৰ দাপোন ।

আইৰ হাতৰ এবাতি ফিকা চাহ , গুৰ আৰু মুড়ী
   পুৱাই শুনা , মৰমৰ গালি আৰু চিটিকণি  এচাৰি
বোপাই বনাই দিয়া , বাঁহৰ  স্কেল আৰু ফলি গুটি
স্কুলত থৈ অহা ,চাইকেলৰ কেৰিয়াৰ , মোনাখনি।
 সময় গ'ল উৰি , পাখি  মেলি , পক্ষী ঘোঁৰাত উঠি
       সেইবোৰ অতীতৰ মধুৰ স্মৃতি
মনৰ একোণত ,  আধৰুৱা সপোনৰ জবাৱদিহী 
          স্মৃতিৰ ৰঙীন সোপান বিচাৰি ।
   
শ্ৰী ক্ষীৰোদ হাজৰিকা
নন্দনাথ শ‌ইকীয়া মহাবিদ্যালয় 
তিতাবৰ , যোৰহাট


পৃষ্ঠা ২৬

বহাগৰ বহাগী আকৌ আহিলি

বহাগী তই আকৌ আহিলি,
বৰদৈচিলাজনী হৈ ।

তোৰ অহাৰ বাতৰি দিয়ে
প্ৰকৃতিৰ ন-ৰূপে,
গছৰ ডালৰ কুলি- কেতেকীয়ে,
আৰু....
কপৌ-তগৰৰ আমোল-মোল গোন্ধে ।

মন প্ৰাণ তোলে ভৰাই
ডেকা-গাভৰুৰ বিহু আখৰাই ।
ঢেঁকীৰ ঢেংকোলোচ মাত
হিয়া পৰে শাঁত ।

বহাগ, তোৰ ন-ৰূপে 
ৰঙীন কৰি তোলে মানুহৰ মন,
কিন্তু অশ্ৰুৰে ভৰাই তোলে
বহু দৰিদ্ৰৰ জীৱন ।

বিলাসিতাৰ জীৱন কটোৱাজনে
উপহাৰেৰে পোহৰাই তোলে
সন্তানৰ মুখ,
বিচাৰে দিব দিন-হাজিৰা কৰাজনেও
বহাগতেই আপোনজনক অলপ সুখ ।

নোৱাৰে কৰিব পূৰণ আজি সেই আশা,
বৰ্ধিত মুদ্ৰাস্ফীতিয়ে কোঙা কৰা
সাধাৰণ মানুহৰ জীৱন এইয়া ।

বজাৰত বস্তুৰ জুই চাই দাম,
বহাগীক আদৰিবলৈ
ভাবিবই লাগে এশবাৰ মান ।

ববিতা ৰাজবংশী


পৃষ্ঠা ২৭

বসন্তৰ ধেমালি

বিনীতা লস্কৰ
পশ্চিম কাৰবি আংলং, তৰাডুবি

শীতৰ জড়তা ভাঙি
বসন্ত আহিল হিল-দৌল ভাঙি
লগত লৈ বৰদৈচিলা,
ডালে ডালে কু‍ঁহিপাত
পক্ষীৰ সুৱদী মাত
ৰ'দৰ ফাকেৰে সৰকিল
কিনকিনিয়া বৰষুণ এজাক।
দুৱাৰ দলিত বহাগ
ঢুলীয়া হ'ল মাতাল,
ঢোলত দিলে চেও
ধিনিকি ধিন দাওঁ।
গাতে মেৰিয়াই
মুগাৰ সাজ এযুৰি
খোপাতে কপৌফুল গুজি,
পেঁপাৰ মাতে শুনি
ৰবকে নোৱাৰিল 
ৰাংধালী নচনী জনী।


পৃষ্ঠা ২৮

মোক আবিৰৰ ৰং নালাগে

চঞ্চলা ফাগুনৰ ধূসৰ আকাশত
চৌদিশে আকাশে বতাহে উৰি 
আবিৰৰ ভিন্ন ৰঙী ৰঙে
সাতোৰঙী ৰামধেনু আঁকিছে ।।

অপ্ৰিয় মোৰ আবিৰৰ ৰং,
অপ্ৰিয় মোৰ ফাগুনৰ ধূলিয়ৰী আকাশ,
যি আকাশত ভাহি থকা ভিন্ন ৰঙী ৰঙে
প্ৰেমহেৰুৱা ভোকাতুৰ ৰূক্ষ বুকুত শিল হৈ খুন্দিয়াই ।।

দুদিন ধৰি এটুকুৰা শুকান ৰুটি বিচাৰি নোপোৱা মোৰ শৰীৰে
কেনেকৈ বাৰু আবিৰৰ ৰঙত উতলি উঠিব ।।

ওৰেটো দিন অবিৰতভাৱে এটুকুৰা ৰুটি বিচাৰি 
কত নিদ্ৰাহীন ৰাতি উজাগৰে পাৰ কৰি
ধূসৰ জীৱনৰ বাটত কত বাৰ 
চিতাৰ জুইত অগ্নি স্নান কৰিছো ।। 

আবিৰৰ ৰং সানি যি ৰাধাই নৃত্যৰত হৈ
যমুনা নৈ পাৰ হৈ দ্বাৰকা  সোমাইছিল
কিন্তু আজি মই সেই যমুনা নৈৰ দুয়োপাৰে ৰৈ
এটুকুৰা ৰুটি বিচাৰি সংগ্ৰাম চলাইছোঁ ।।

আবিৰৰ ৰং মোৰ বৰ ভয় লাগে,
জানোচা মোৰ মন গহ্বৰত ৰঙীন হৈ থকা মোৰ হৃদয়ে
অকৃত্ৰিমতাৰ আৱৰণ গুচাই কৃত্ৰিমতাক আঁকোৱালী
জীৱনৰ ছন্দত অবাটে বাট দেখুৱাই ।।

ৰাহুল জ্যোতি বৰা
শিলচৰ, অসম
মো: ৯৯৫৪৯১১৫২৮


পৃষ্ঠা ২৯

যুঁজ

এতিয়া এক মহাসত্যৰ সন্মুখত মানৱ, 
মহাসত্যৰ সন্মুখত আপুনি, তেওঁ আৰু মই
আমি সকলো । 
এফালৰ পৰা তিলতিলকৈ 
গ্ৰাস কৰি আহিছে আমাক 
এক অদৃশ্য দানৱে ।
আমি অহনিৰ্শে ইয়াৰ স'তে যুঁজিব লাগিছো ।
দিঙি চেপি ধৰিছে আমাৰ 
আৰু আমি 
প্ৰাণৰ মমতাত চিঞৰিব লাগিছো ,
চিঞৰি চিঞৰি আমাৰ কন্ঠ
ৰূদ্ধ হৈ পৰিছে ।
নাক, মুখ, ডিঙি, বুকু, পেটত 
বিষাক্ত কীটে কিলবিলাব ধৰিছে, 
দেহকোষৰ ৰসবোৰ শুহি শুহি খাইছে, 
গাৰ ছালবোৰ শোতোৰা পৰিছে, 
উশাহবোৰো চুটি হৈ আহিছে ।
মানৱৰ ৰক্ষক জীৱন দানৰ বাবে আজি অপাৰগ
একবিংশ শতিকাৰ চিকিৎসা বিজ্ঞান আজি বিফল ।
ভ্ৰুকুটি কৰি এক কুটিল হাঁহি মাৰি  
অদৃশ্য দানবে মানবক তাচ্ছিল্য কৰিছে 
আৰু কৈছে -
আধুনিকতাই তহঁতক শেষ কৰিব, 
উচ্চাকাংক্ষাই তহঁতৰ কাল হ'ব,
পৃথিৱীত মানৱৰ জীৱন ৰবি ডুব যাব,
মানৱৰ ধ্বংস যজ্ঞ আৰম্ভ হৈ গৈছে 
 হু  হু  হা  হা  হা  হা 
   
নাই নাই আমি ভয় নাখাওঁ !
ঈশ্বৰৰ সন্তান আমি জীৱশ্ৰেষ্ঠ মানৱ ,
আমাৰ সকলো আছে,
শৰীৰ, মন, মগজু, হৃদয়, তেজ, বল, বুদ্ধি 
বাকশক্তি, জীৱনী শক্তি - - - 
আমি যুঁজিম মন আৰু মগজুৰে- 
আমি জিকিম বুদ্ধি আৰু সাহসেৰে -
হে মোৰ প্ৰিয় মানৱ ,
আহাঁ আমি সমস্বৰে কওঁ 
মানৱৰ জয় হওক, 
আমাৰেই জয় হওক, 
জয় মানৱৰ জয়, 
জয় , জয় , জয় - - - - 
                    
মনচুমী কলিতা নাথ


পৃষ্ঠা ৩০

অনুভৱঃ

স্বাধীনতা

স্বাধীনতা তাইৰ প্ৰিয় শব্দ। বিশাল আকাশ আৰু সুগভীৰ সাগৰ তাইৰ আকৰ্ষণ।

জীৱনটোক সম্পূৰ্ণ স্বাধীন কৰি সুখী তাই।পৰাধীনতাৰ শিকলিৰে বান্ধ খাব নোৱাৰে কোনোকালে। সেয়ে তাই সমাজখনৰ অপ্ৰিয় হৈ পৰে ।

সমাজৰ তুলাচনীত তাই ভাল হৈ নুঠিল। কাৰণ তাই প্ৰয়োজন বুলি নভবা  নিয়মবোৰ মানিব নোখোজে। নাৰী বুলি সমাজে জাপি দিয়া কিছুমান নিয়মক তাই উলংঘা কৰে।

এনেদৰে সুখী তাই নিজস্ব পৃথিৱীত। টকা পইচা, সাজ-পাৰৰ ভিত্তিত সন্মান যঁচা সমাজখনৰ বেস্তনীত আবদ্ধ নোহোৱাকৈ।

আকাশলংঘী সপোনেও তাইক স্পৰ্শ কৰিব নোৱাৰে। সেইবাবে বহুলোকৰ অভিধানত তাই অহংকাৰী হৈ উঠে। স্বাধীনতাশূন্য প্ৰত্যেকটো সপোনেই তাইৰ বাবে অৰ্থহীন। আকাশ চুব খোজে মাথোঁ নিজস্ব ধাৰণাৰে, স্বাধীনভাবে।

প্ৰিঞ্চীপ্ৰিয়া বৰুৱা, তিনিচুকীয়া ।



পৃষ্ঠা ৩১

এগণ্ডা হাইকুঃ 

১/
থুৰীয়া তামোল

হাতৰ টিপত
চেনাইলৈ স্নেহ
বসন্ত প্ৰেমৰ ঋতু

২/
শৰাই

বাৰীৰ তামোল পান
দুপইচা অৰিহনা
বৰ গছেও বিচাৰে ছাঁ

৩/
হুঁচৰি দল

পদৰ ধূলাত
পবিত্ৰ চোতাল
আশীৰ্বাদৰ বৰষুণ।

৪/
তাঁত

টুলুঠাই পিন্ধে
ৰাঙলী সাজ
সপোনৰ ৰঙচোৱা বেলি।


মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন


পৃষ্ঠা ৩২

ভ্ৰমন কাহিনীঃ

চেন্নাই


শৰ্মীষ্ঠা বৰ্মন, নতুন দিল্লী

    ২০১৭ চনৰ ডিচেম্বৰ মাহ ৷ 'উইণ্টাৰ ভেকেশ্বন' বুলি ল'ৰা-ছোৱালীহালৰ 'স্কুল' কেইদিনমানৰ বাবে বন্ধ হ'ব ৷ ইহঁতৰ পঢ়া-শুনাৰ চাপ দিনক দিনে বাঢ়ি গৈ আছে ৷ কিমান দিন বা মুকলি মনেৰে ফুৰিবলৈ পাওঁ ! সেয়েহে যিমান পাৰোঁ এতিয়াই ফুৰি লওঁ বুলি এইবাৰ এটি দীঘলীয়া ভ্রমণৰ পৰিকল্পনা কৰিলোঁ ৷

    সহযাত্রী হিচাপে এইবাৰ নির্বাচন কৰিলোঁ দুটা পক্ষ : মোৰ নিজৰ পিতৃ-মাতৃ তথা শহুৰৰ ঘৰৰ কেইগৰাকীমান মুখ্য সদস্য ৷ তেওঁলোক হ'ল মোৰ অবিবাহিতা ডাঙৰ মাহী শাহু , সৰু মাহী শাহু আৰু মহা শহুৰৰ লগত তেওঁলোকৰ ডাঙৰজনী জীয়ৰী , সৰু মামা শহুৰৰ একমাত্র জীয়ৰী গৰাকী ৷ লগতে আমি চাৰিজন সদস্য ৷ মুঠ সদস্য সংখ্যা এঘাৰ জন ৷ অৱশ্যে 'গোৱা' ভ্রমণৰ সদস্য সংখ্যাতকৈ কম ৷ এই দুইপক্ষক সহযাত্রীৰূপে নির্বাচন কৰা বাবে দুয়োপক্ষৰ সংহতিত আৰু সম্প্রীতি আৰু গাঢ় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস ৷ মোৰ শহুৰ দেউতাই ৰুগ্ন স্বাস্থ্যৰ বাবে পৰাপক্ষত ভ্রমণৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰে ৷ সেয়েহে তেওঁ আমাৰ এই যাত্রাত সহযোগিতা নকৰিলে ৷

     মাহী শাহুহঁত কলিকতাৰ পৰা ৰেলেৰে যিদিনা চেন্নাই গৈ পাব সিদিনাই আমিও বিমানেৰে গৈ পোৱাকৈ টিকট কৰিছিলোঁ ৷ সেই হিচাপে মা-দেউতাও কেইদিনমান আগতে অসমৰ পৰা দিল্লী আহি পাইছিল ৷

     ডিচেম্বৰ মাহৰ দিল্লীৰ হাড় কঁপোৱা জাৰৰ প্রকোপত ডাঠ ডাঠ গৰম কাপোৰ পিন্ধি আমি ঘৰৰ পৰা ওলাইছিলোঁ ৷ চেন্নাইত মাটিত নমাৰ লগে লগে এনে লাগিছিল যেন সেই গৰম কাপোৰবোৰ তৎক্ষণাৎ খুলি পেলাই দিওঁ ৷ চেন্নাইত বিশেষ ঠাণ্ডা নপৰে বুলি আমাক লগৰবোৰে আগৰেপৰাই সকীয়াই দিছিল যদিও গৰম কাপোৰ নোহোৱাকৈ  চলি যাব পাৰি বুলি ভবাই নাছিলোঁ ৷

          চেন্নাইত আমাৰ থকাৰ ব্যৱস্থা কৰা হৈছিল 'কালী কোভিল''গেষ্ট হাউচ'ত ৷ তামিল ভাষাত  'কোভিল' মানে মন্দিৰ ৷ আমাৰ চিনাকি তামিল পৰিয়ালে এটিয়ে 'কালী কোভাল'ৰ বিষয়ে বৰ গুণ-গান কৰিছিল আৰু আমাৰ ডাঙৰ দলটোৰ সতে তাতে থাকিবলৈ উপদেশ দিছিল ৷ তাৰ বাতাৱৰণ কেনে হ'ব সেই লৈ মনত সন্দেহ উপজিছিল যদিও যেনে তেনে এৰাতি তাতে কটাম বুলি সিদ্ধান্ত লৈছিলোঁ ৷  'এয়াৰপোর্ট'ৰ পৰা 'কালী কোভিল'লৈ যোৱাৰ পথচোৱাত দেখা গছ-গছনি আৰু বাতাৱৰণৰ পৰা এনে লাগিল যেন এয়া অসমহে !

      'কালী কোভিল''গেষ্ট হাউচ' অতি সুন্দৰ , সুশৃংখল , পৱিত্র আৰু স্বচ্ছ দেখি আমি সকলো আপ্লুত হ'লোঁ ৷ গৈ পোৱাৰ লগে লগে আমাক চাহ-জলপাণ যাঁচিলে ৷ দুঘণ্টামান পাছত কলিকতাৰ পৰা অহা আমাৰ দ্বিতীয় সহযাত্রীৰ দলটোও আহি উপস্থিত হ'লহি ৷ তেওঁলোককো 'কালী কোভিল'ৰ তৰফৰ পৰা অতিথি আপ্যায়ণ কৰিলে ৷ আমি মুগ্ধ হ'লোঁ ৷ সেয়েহে আমাৰ দক্ষিণ ভাৰত যাত্রাৰ সামৰণিৰ শেষ নিশা আমি 'কালী কোভিল'তে কটাম বুলি ভাবিছিলোঁ যদিও সেয়া সম্ভৱ নহ'ব বুলি লগে লগেই আমাক জনাই দিয়া হৈছিল ৷ কাৰণ তাত হেনো বহু আগৰে পৰাই 'বুকিং' হৈ যায় ৷ তথাপিও কোনো কাৰণত 'বুকিং' বাতিল হ'লে আমাৰ জনাব বুলিও ক'লে ৷

গধূলি আমি আটায়ে চেন্নাই চহৰত 'টেক্মী'ৰে পাক এটা মাৰি Marina Beach ৰ ফালে ৰাওনা হ'লোঁ ৷ বাটতে

M H Chidambaram Stadium ( Chepauk Stadium ) দেখা পাই আমাৰ ল'ৰাটোয়ে 'ষ্টেডিয়াম'খন চাবলৈ ইচ্ছা প্রকাশ কৰিলে ৷ সেই বাবে 'টেক্সী ' ৰখাই দেউতাকে তাক 'ষ্টেডিয়াম'খন দেখুৱাই আনিবলৈ লৈ গ'ল যদিও ভিতৰত সোমাব নোৱাৰিলে ৷ কাৰণ তেতিয়া তাত কোনো ধৰণৰ কার্য্য কলাপ অথবা 'প্রগ্রাম' চলি থকা নাছিল ৷ সেয়েহে তেতিয়া প্রৱেশ নিষেধ আছিল ৷

         যি কি নহওঁক আমি এইবাৰ 'মেৰিনা ' Beach পালোঁ ৷ Beach ৰ আশে-পাশে দিল্লীত কেতিয়াও নেদেখা অসমৰ কিছুমান ফলমূল দেখি আচৰিত হ'লোঁ ৷ লগে লগে কিনি খালোঁ ৷ Beach লৈ গৈ দেখিলোঁ আনাৰস , কেঁচা আম চকলা-চকলকৈ কাটি নিমখ লগাই কলপাতত মেৰিয়াই বিক্রি কৰি আছিল ৷ টেঙা বস্তু দেখিলেই লোভ লাগে ৷ তাতে ডিচেম্বৰ মাহত কেঁচা আম দিল্লীত (অসমতো ) সহজতে পোৱা নাযায় ৷ কাচিৎহে দেখিবলৈ পোৱা গৈছিল আৰু দামো বেছি হয় ৷ অবতৰত ক'ৰ পৰা আহে বুলি ভাবিছিলোঁ ৷ এইবাৰহে বুজি পালোঁ , এনেকুৱা ঠাইৰ পৰাই নিশ্চয় আমদানী হয় ৷ আনাৰস আৰু কেঁচা আম কিনি খালোঁ ৷ অৱশ্যে বৰ টেঙা নাছিল ৷ খাই ভাল পালোঁ ৷

     Beach বুলিলে আমাৰ ল'ৰা-ছোৱালী হাল বলিয়া ৷ লগে লগে পানীত নামিলেই নহয় সিহঁত ! মই মোনাত সিহঁতৰ কাৰণে কাপোৰ লৈ গৈছিলোঁ বুলি বাধা নিদিলোঁ ৷ আপোন মনে সাগৰৰ পানীত খেলিবলৈ দিলোঁ ৷ ঢৌবোৰ দেখি সিহঁতে আনন্দতে কিৰীলি পাৰিছিল ৷ শুনি ভাল লাগিছিল ৷ সিহঁতে সাগৰৰ পাৰৰ বালি এঠাইত গোটাই লৈ সাধ্য অনুসৰি ওখ ওখ ঢাপ সাজিলে ৷ হঠাতে আহি যোৱা ঢৌবোৰে সেইবোৰ নিমিষতে উটুৱাই চিন-চাব নোহোৱা কৰি থৈ যায় ৷ পুনৰ সিহঁতে একে খেলকে খেলে ৷ খাওঁ খাওঁ কৈ অহা হিংস্র ঢৌবোৰ দেখি কেতিয়াবা বৰ ভয়ো লাগে ৷ সেয়েহে মই সিহঁতৰ নিচেই কাষতে আছিলোঁ ৷

          ল'ৰা-ছোৱালীহালৰ লগতে আমি ডাঙৰ খিনিও আঁঠুলৈকে ভালদৰে তিতিলোঁ ৷ সকলোৱে লগ হৈ বালিচ'ৰত বহি নিৰন্তৰ এটাৰ পিছত এটাকৈ আহি থকা ঢৌবোৰ চাই আপোন বিভোৰ হ'লোঁ ৷ কেতিয়াবা কেতিয়াবা ঢৌবোৰ ইমানেই আগবাঢ়ি আহে যে অস্থায়ীভাৱে পতা বজাৰৰ বস্তু লৈ দোকানীবোৰ দৌৰি আহে ৷ নহ'লে সাগৰৰ পানীয়ে সকলো বস্তু তিয়াই পেলাব ৷ এনে অস্থায়ীত্বৰ মাজতে কিমান জনে বংশানুক্রমে পৰিয়ালৰ পোহ-পাল দি ঘৰ চলাই আছে ! তেওঁলোকৰ বহুতে হেনো নিজ চকুৰে সাগৰৰ পানীয়ে মানুহক গ্রাস কৰাও দেখিছে ! তথাপিও সাগৰৰ পাৰত কিয় জীৱন নির্বাহ কৰি আছে বুলি প্রশ্ন কৰোঁতে উত্তৰ দিছিল যে সাগৰেই হেনো তেওঁলোকৰ অন্নদাতা ৷ গতিকে অন্নদাতা ঈশ্বৰৰ সম্পূর্ণ অধিকাৰ আছে সময়ে সময়ে তেওঁ খঙত অগ্নিশর্মা হৈ মানুহক জগতৰ চিৰন্তন নিয়মৰ কথা সোঁৱৰাই দিয়াৰ ৷

        এন্ধাৰ নামি অহা বহু পৰ হ'ল ৷ Beach খন এৰি যাবলৈ আমাৰ কাৰো ইচ্ছা নাছিল ৷ কিন্তু পিছদিনা পুৱতি নিশাতে আমাৰ 'তিৰুপতি' যোৱাৰ কার্য্যক্রম পূর্বনির্ধাৰিত হৈ আছিল ৷ সেয়েহে ইচ্ছা নহ'লেও আমি  Marina Beach ৰ পৰা ওলাই আহিলোঁ ৷

          'কালী কোভিল'ত আমাৰ ৰাতিৰ আহাৰৰ যোগাৰ কৰি থোৱা আছিল ৷ হাত-ভৰি ধুই আমি খাবলৈ গ'লোঁ ৷ আমাক ঘৰৰ আলহীৰ দৰে বহোৱাই বৰ আগ্রহেৰে আপ্যায়ণ কৰিলে ৷ ৰান্ধনীগৰাকী উৰিষ্যাৰ এগৰাকী পুৰুষ আছিল ৷ সলসলীয়াকৈ বঙালী ভাষা ক'ব পাৰিছিল , লগতে তামিল ভাষাও সুন্দৰকৈ কৈছিল ৷ আমাৰ সতে বঙালীতে কথা পাতিছিল ৷ বৰ সহজ-সৰল , অতিথিপৰায়ণ আৰু স্বচ্ছতা প্রিয় ব্যক্তি যেন অনুভৱ হ'ল ৷ খাই উঠি তেওঁৰ প্রতি কৃতজ্ঞতা ব্যক্ত কৰি আমি নিজৰ নিজৰ কোঠালৈ গুছি আহিলোঁ ৷

আগলৈ...
 

পৃষ্ঠা ৩৩

নীলাখামৰ চিঠি ঃ

প্ৰিতম : এখন নীলা চিঠিৰ শিৰোনামা

চিন্ময়ী দাস 

মৰমৰ     
          প্ৰিতম,            
  কেনে আছা তুমি ! আছানে কুশলে ? এই মাজনিশাৰ চিত্ৰপটত  ৰিণিকি-ৰিণিকি ভাঁহি আহিছে তোমাৰ অস্পষ্ট মুখ আৰু মানসপটত ভাহি আহিছে কিছু  সুখ , কিছু দুখ !! তুমিতো পাহৰিব নোৱাৰা মোক, তেনেস্থলত কেনেকৈ তুমি ... !!            
               বুকুৱেদি পাৰ হৈ যায় মোৰ আশা ! বাস্তৱৰ আইনাত নিজকে চাবলৈ মোৰ সত নাই ।‌ কিছু অতীত, এক অনিশ্চিয়তাৰ ভৱিষ্যতৰ সৈতে সকলো মানুহেই অচিনাকি হৈ পৰিছে মোৰ বাবে এতিয়া...! নাজানো কিয় মই ৰৈ যাওঁ বাৰে বাৰে জীৱনৰ কাঠগৰাত ? বনৰীয়া হেজাৰ নিঠৰুৱা ফুলৰ দৰে আজি মই অকলশৰীয়া... মোৰ হিয়া ভগা কান্দোন আজি তুমি নুশুনা ! জীৱনৰ পুৰণি অস্তিত্ব এতিয়া নাই ,সময় জানো ঘূৰাব পাৰে আগৰ অবস্থালে' ! কি জীৱন, শূন্য অন্ধকাৰ, নতুনত্বহীন !       কি ভাবিছা, মই পলায়নবাদী বাস্তৱক ভয়  কৰো, তেন্তে সঁচা, সঁচাকৈয়ে মই ভয়াতুৰ ।‌ এনে বাস্তৱৰ লগত মই জীয়াই থাকিব নোৱাৰোঁ, যি মোক সোঁৱৰাই দিয়ে  ...  আৱেগত নুফুলে ফুল !!      এতিয়া তুমি সময় নাই বুলি নোচোৱা আকাশ...সময় নাই বুলি নোলোৱা বকুলৰ সুবাস...সময় নাই বুলি মনলে নাহে ভালপোৱা... আচলতে ইমান ব্যস্ত থাকেনে মানুহ !!      
                ভালপোৱাৰ কোনো সংজ্ঞা অথবা নীতি-নিয়ম নাই।‌ তোমাৰ অনুপস্থিতিতো  তোমাৰ কথাই ভাবি আছোঁ ।‌ দুচকুৰে নমাই আনিছো বিষাদৰ অস্ত্ৰধাৰ ।‌ মাজনিশাৰ নিৰ্জনতা, কিছু খেলি মেলি ভাবনা !খিৰিকীমূখৰ কঁপা কঁপা মম; তুমি আৰু মোৰ প্ৰিয় ডায়েৰী ... ! সেইদিনা  যে  সাবটি ধৰিছিলা তুমি !!          খিৰিকীপাৰত এআকাশ তৰা মাথোন, ধোঁৱাবৰণীয়া অস্তিত্ব কিছুমানৰ স'তে...যি মাথোঁ মনত পেলাই দি আছে তোমালৈ ! ক'বলৈতো আছে বহু কথাই...তোমাৰ চৌপাশে গজি উঠক অলেখ  কৃষ্ণচূড়া !    তোমাৰ কলিজাত মোক গজিবলৈ দি স্পন্দনত মিলিব দিয়া, বৈ যাব দিয়া তোমাৰ প্ৰতিটো ৰক্তকণিকাত...! বৰষুণ হৈ মিলি যাম  তোমাৰ স'তে....বতাহৰ শীতলতাত স্পৰ্শ কৰিম তোমাক...মাথোঁ অনুভৱ কৰিবা তুমি মোক আৰু মোৰ মৰমক...!!
     আজিলৈ ইমানেই.....
                            ইতি-
                         তোমাৰ...

ঠিকনা: কুশল নগৰী


পৃষ্ঠা ৩৪

গল্পঃ

প্ৰয়োজন

ফৰকাল নীলা আকাশখন গীতিৰ বৰ হেঁপাহৰ।খিৰীকিৰ পৰ্দাখন কোচাঁই তাই বাহিৰলৈ চাই দেখিলে ৰ'দালিৰ জিকমিকনিত সন্মুখত থকা ফুলবোৰ বৰ ধুনীয়া লাগিছে । তাৰ ওপৰতে দুটামান পখিলা পৰি আকৌ দুগুন ৰহন চৰাইছে। প্ৰকৃতিৰ কিমান  অপৰূপ সৌন্দৰ্য্যৰে যে ভৰপূৰ এই পৃথিৱীখন !
     গীতি এজনী সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী । মাক দেউতাকৰ একমাত্ৰ ছোৱালী গীতিয়ে কোনো দিন দুখ কষ্ট অনুভৱ কৰা নাছিল । মাক দেউতাকেও তাইক লৈ বহুত সপোন দেখিছিল । গীতিৰ সপোন নিজকে ফেশ্চন ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠা কৰা।
    'প্ৰয়োজন' এখন জনপ্ৰিয় মাৰ্ট। মহিলাৰ প্ৰয়োজনীয় সকলো বস্তুৰ লগতে সকলো ধৰণৰ সাজ- পোচাক চিলোৱা আৰু কিনিবলৈ উপলব্ধ এখন সুন্দৰ মাৰ্ট । স্বত্বাধিকাৰী গীতিমল্লিকা দুৱৰাই নিজে পূৱা মাৰ্টৰ দুৱাৰ খুলি শাৰী চাফ-চিকুন কৰি গনেশৰ থাপনাত চাকি জ্বলাই সেৱা জনায় । মাৰ্টৰ দুৱাৰ মূখত টাবত দুটা সেউজীয়া গছৰ পুলি ৰুইছে পূৱা গধুলি পানী দি সজীৱ কৰি ৰাখিবলৈ যত্ন কৰে। সহায়িকা আছে যদিও এই খিনি কাম নিজে কৰি ভাল পায় । গীতিমল্লিকা এগৰাকী বিউটি পাৰ্লাৰ প্ৰশিক্ষকৰ লগতে বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতিপ্ৰাপ্ত ফেশ্চন ডিজাইনিঙৰ ডিপ্লমাধাৰী সেয়ে শাৰী, মেখেলা, চাদৰ, কুৰ্টা, লেহেংগা সকলো বিলাকৰ 
ডিজাইন নিজে কৰে।
     মাক দেউতাকৰ আলসুৱা গীতিমল্লিকা সৰুৰে পৰা বৰ শান্ত স্বভাৱৰ আৰু পৰিপাটি।সুশ্ৰী অমায়িক ছোৱালী জনীক মাক দেউতাকে মৰমতে গীতি বুলি মাতে। 'প্ৰয়োজনৰ' উৰ্পাজিত ধনৰ আধাখিনি গীতিয়ে এখন বৃদ্ধাশ্ৰমত খৰচ কৰে। আশ্ৰমত যেতিয়া নিথৰুৱা বৃদ্ধসকলৰ মূখত অলপ হাঁহি দেখে গীতিৰ হৃদয়খন  মমতাময় প্ৰশান্তিৰে ভৰি পৰে। শিক্ষকতাৰে মহান দান কৰা পিতৃ-মাতৃৰ গীতি অতি বাধ্য সন্তান । সেয়েহে তাই কৰিবলৈ ইচ্ছা কৰাটোত বাধা নিদি প্ৰতি পদক্ষেপতে উৎসাহ দিয়ে।দুগৰাকী সহায়িকা লগত লৈ আৰম্ভ কৰা' 'প্ৰয়োজন'ত আজি পঞ্চাশ গৰাকী নিবনুৱা যুৱতীক সংস্থাপন দিব পাৰিছে ।
     বিশ্ববিদ্যালয়ত চিনাকি হোৱা গৌতমৰ লগত 
প্ৰেম বিবাহ হৈছিল গীতিৰ। গৌতম এজন বিখ্যাত ব্যৱসায়ী। গীতিৰ দৰেই গৌতমো মাক দেউতাকৰ একমাত্ৰ সন্তান । তাইৰ সুন্দৰ চকুহাল, ওঁঠত উজ্জ্বল মিচিকীয়া হাঁহি, শিশু সুলভ অভিব্যক্তিয়ে গৌতমক তাইৰ কাষ চপাই নিছিল। সুপুৰুষ গৌতমৰ প্ৰতিও আকৰ্ষিত হৈছিল গীতি আৰু এই প্ৰেমই এদিন বিবাহ  হৈছিল । দুয়োখন ঘৰৰ সন্মতি মৰ্মেই বিয়া ধুমধামকৈ পতা হৈছিল । একমাত্ৰ বোৱাৰী হেতু শাহু শহুৰেও তাইক খুব মৰম কৰিছিল।
      পূৰ্ণিমাৰ পাছত অমাৱস্যা অহাৰ দৰেই দুয়োৰে জীৱনলৈও যেন অমানিশা নামিছিল।বিয়াৰ দুবছৰ পাৰ হোৱাৰ পিছত গীতি আৰু গৌতমে এটা সন্তানৰ কথা চিন্তা কৰিব ধৰিলে । এমাহ দুমাহকৈ কেইবাটাও মাহ পাৰ হোৱাৰ পাছত দুয়ো ঠিৰাং কৰিলে ডাক্তৰৰ ওচৰত চেক-আপ কৰোৱাৰ কথা। ডাক্তৰ ওচৰত সকলো পৰীক্ষা নিৰিক্ষা কৰাৰ পাছত যেতিয়া গম পালে কোনোদিনেই তাই মাক হ'ব নোৱাৰে । কান্দি কান্দি ভাগি পৰিছিল তাই। অনুভৱ কৰিছিল নাৰীৰ আচল শক্তিৰেই অভাৱ তাইৰ। এজন আদৰ্শবান স্বামীৰ বুজনিয়েও গীতিক বুজাব পৰা নাছিল । শহুৰ শাহুয়েও তাইক বুজাইছিল হৃদয়ত যেতিয়া ধৈৰ্য্য, প্ৰেম, বিশ্বাস থাকে নিজৰ সন্তান ন'হলেও বহুত সন্তান লাভ কৰিব পাৰি । গীতিয়ে যেতিয়া গৌতমৰ বুকুৰ মাজত সোমাই কান্দিছিল তেতিয়া সি কৈছিল যে আমি এটা বা দুটা সন্তানৰ পিতৃ মাতৃহে হ'লোহেতেন । আমি যদি প্ৰেম, বিশ্বাসেৰে হাজাৰ জন নিথৰুৱা পিতৃ মাতৃৰ সন্তান হ'ব পাৰো তেতিয়া কিমান আত্মাই শান্তি পাব ভাবাচোন।
    গীতি ভাগি নপৰি জীৱনত আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ল। স্বামী আৰু দুয়োটা পৰিয়ালৰ আৰ্দশবান পিতৃ মাতৃৰ সহযোগতেই নিজৰ কলা বিশ্বদৰবাৰত দাঙি ধৰিবলৈ গীতিয়ে 'প্ৰয়োজন' জন্ম দিছিল । অশেষ কষ্ট  আৰু প্ৰচেষ্টাত চহৰৰ ভিতৰত প্ৰয়োজন এখন জনপ্ৰিয় মাৰ্টতত পৰিণত হৈছে । সপ্তাহৰ ছয় দিন মাৰ্ট খোলা ৰাখি  দেওবাৰে বন্ধ ৰাখে যাতে এই গোটেই দিনটো বিদ্ধাশ্ৰমত  কটাব পাৰে। দেওবাৰে ৰাতিপুৱাই শহুৰ শাহু আৰু মাক দেউতাকক লগত লৈ আশ্ৰমলৈ যায় । আশ্ৰমৰ সকলোৰে মূখত হাঁহি বিৰিঙি পৰে গীতিৰ আগমনৰ লগে লগে। পিতৃ মাতৃ সম আশ্ৰমৰ সকলোৱে দেওবাৰৰ দিনটো লৈ আগ্ৰহেৰে বাট চাই থাকে। গীতিয়ে এজন ডাক্তৰ ঠিক কৰি দিছে দেওবাৰে আশ্ৰমলৈ আহে আৰু সকলোকে চেক্আপ কৰি দিয়ে । গীতিয়ে আশ্ৰমৰ লোক সকলৰ লগত প্ৰেম আৰু আন্তৰিকতাৰে যিমান খিনি অভাৱ পূৰাব পাৰিছে বহুতো নিজৰ সন্তানেও হয়তো নোৱাৰে । সঁচাকৈয়ে জীৱনত সন্তান নহ'লেও প্ৰেম আৰু ধৰ্য্য থাকিলে প্ৰশান্তি লাভ কৰিব পাৰি । আশ্ৰমৰ নিথৰুৱা পিতৃ মাতৃ সকলৰ একমাত্ৰ কনাৰ লাখুটি গীতিৰ মূখত তৃপ্তিৰ হাঁহি দেখা পাই শাহু শহু আৰু মাক দেউতাকৰ আনন্দতে  দুনয়নেৰে বাগৰি আহিল দুধাৰি তপত চকুলো ।

আশা জ্যোতি শইকীয়া 
যোৰহাট
৯৯৫৪৯৭৭২৪০


পৃষ্ঠা ৩৫

নিভঁ‌জুৱা প্ৰেম

ডুলু অধিকাৰী
সৰভোগ , বৰপেটা

ডিচেম্বৰ মাহৰ সন্ধিয়া । পৃথিৱীলৈ অন্ধকাৰ নামি অহাৰ লগে লগে পাক্ ঘৰত সোমাইয়ে ঠাণ্ডাতে ভৰি দুখনত শিৰশিৰণী এটা অনুভৱ হ'ল মল্লিকাৰ । সন্ধিয়াতে খোৱা চাহৰ বাচন কেইটা ধুই - মেলি লৈ দুপৰীয়াতে তিয়াই থোৱা মটৰ কেইটা খৰাহিত ভাল দৰে ধুই চিটী মাৰিবলৈ দিলে । পিঁ‌য়াজ নহৰু খিনি উলিয়াই লৈ সৰু সৰুকৈ কাটি কাঁ‌হী এখনত থ'লে । এনেতে পিছফালৰ পৰা মানৱে তাইক সাৱতি ধৰি ক'লে, " পিঁ‌য়াজ নহৰু খিনি কাটি মইয়ে পেষ্টটো বনাই দিওঁ‌ দিয়া , পিঁ‌য়াজ কাটিলে আকৌ  তোমাৰ  চকুপানী  ওলায়গে নহয় ।" অসংযত ভাবে মল্লিকাই মানৱৰ হাত দুখন গুচাই দি ক'লে ," বুলি আৰু বুমন ক'ত ? Home work বোৰ চালানে সিহঁতৰ ।" " উম -পঢ়া- শুনা শেষ কৰি লৈ সিহঁত দুইটাকে T V টো লগাই দি মই এইখিনি পালো‌হি , ভাবিলো ঠাণ্ডাও পৰিছে বহুত , খাই লৈ সোনকালে বিছনালৈ যোৱাই ভাল ।" ৰন্ধা -বঢ়া কিছু আগ বাঢ়িল , এনেতে মল্লিকাৰ প্ৰিয় বান্ধৱী অনুষ্কাৰ ফ'ন আহিল , অসময়ত ফ'নটো নধৰোঁ‌ বুলি ভাবিও তাই ধৰিলে । লগে লগে অনুষ্কাই কৈ উঠিল , " তোক এটা বেয়া খবৰ দিব ওলাইছোঁ‌ , জাননে মলি ? ক চোন কি খবৰ ! বহুদিন ধৰি কিবা পেটৰ বেমাৰত ভুগী আজি কমল ঢুকাল !" মল্লিকাৰ আৰু একো কথা সোধাৰ সাহস নহ'ল । ফ'নটো থৈ লাহে লাহে গৈ পাক্ ঘৰৰ চকী খনতে কিছু সময় বহি ৰ'ল , বুকু খনত যেন কিহবাই হেঁচা মাৰি ধৰিছে তাইৰ ! কমলৰ কথাবোৰ এফালৰ পৰা তাইৰ মনলৈ আহিবলৈ ধৰিলে !
      সেইজন কমলে এদিন তাইক সুধিছিল ," মই যদি বহু দূৰ -দূৰণিলৈ গুচি যাওঁ‌ তোমাক এৰি তেতিয়া তুমি কি কৰিবা ? " লগে লগে তাই তাৰ মুখ খনত হাতখন থৈ কৈ উঠিল " এনে কথা আৰু কেতিয়াও নক'বা কমল ! " তোমাক মই ক'লৈকো যাবলৈ নিদিওঁ‌ ! " কিন্তু আজি যে সি চিৰ দিনৰ বাবে গুচি গ'লগৈ ! ক'ব নোৱাৰাকৈয়ে তাইৰ চকুৰ পৰা উষ্ম চকুপানীৰ টোপাল আহি মাটিত পৰিল ! 
      এৰা এটা সময়ত কমল আছিল তাইৰ দুৰ্দান্ত প্ৰেমীক , দুৰ্বাৰ হেঁপাহ আছিল দুয়োৰে সংসাৰ কৰাৰ ! কিন্তু কমলৰ হাতত কোনো কাম- কাজ নথকা বাবেই ৩০ বছৰ বয়সত মাক- দেউতাকে তাইক মানৱলৈ বিয়া দিলে । বিয়াৰ পিছত তাই মানৱক সহজ ভাবে ল'ব পৰা নাছিল । মানৱক দেখিলেই তাইৰ মন প্ৰাণ কমলৰ ওচৰলৈ উৰা মাৰিছিল । তাইৰ আচাৰ আচৰণ দেখি মানৱে আগৰ কথা কিবা আছে নেকি সুধিলে , তাই সকলো কথা সহজ ভাবে মানৱৰ আগত ক'লে । মানৱে তাইৰ সৰলতাক বিশ্বাস কৰি আগতকৈও যেন বেছিকৈহে তাইৰ মনৰ মাজলৈ সোমাই যাব বিচাৰিলে । দিন যোৱাৰ লগে লগে তাইও সহজ হ'ব বিচাৰি নিজেই ধৰা দিয়া হ'ল মানৱৰ মৰমত ! মানৱৰ নিভঁ‌জুৱা প্ৰেমৰ মাজত নিজকে বন্দী কৰিব খুজিলে তাই । তাৰ ফল স্বৰূপেই মায়া সনা সেই সন্তান দুটিৰ আজি মাতৃ তাই ! তথাপি আজি তাইৰ কিয় এনে লাগিছে -- কমলৰ মৃত্যুৰ বাবে যেন তায়েই জগৰীয়া ! এবাৰ ঘৰলৈ যাওঁ‌তে তাই কোনোবাই কোৱা শুনিছিল , কমলে হেনো বৰকৈ মদ খোৱা হৈছিল -- তাইৰ বিয়াৰ পিছৰে পৰা ! 
     এনেতে পুণৰ উপস্থিত হ'ল মানৱ ! তাইৰ চকু চল- চলীয়া হোৱা দেখি ক'লে ," তোমাৰ চকুত পিঁয়া‌জে ধৰিলে নেকি , নে কি হ'ল ?" " একো হোৱা নাই ৰ'বা , গাটোহে ভাল লগা নাই , কিবা চৰ্দি চৰ্দি ভাৱ এটা হৈছে !" মানৱে সাউৎকৰে গৈ এখন উৰা চাদৰ আনি তাইক উৰাই দি ক'লে " তুমি বহা , মইয়ে ভাত খিনি সাজি বাঢ়ি দিওঁ‌ দিয়া !" সেইদিনা তাই ভাত খাব নোৱাৰিলে , কোনোমতে বিছনালৈ গ'ল । ৰাতিটো তাইৰ ধৰ্ ফৰণি দেখি মানৱৰো টোপনি নাহিল । ৰাতিপুৱা মানৱে ল'ৰা -ছোৱালী হালক স্কুললৈ লৈ গৈ আহোঁতে এগৰাকী ডাক্তৰ লৈ আহিল । ডাক্তৰে ক'লে " অসুখ একো নাই , কেৱল  প্ৰেচাৰটো একেবাৰে  ল' হৈ গৈ হাত ভৰি বোৰ অৱশ হোৱা যেন হৈছে । ঔষধ খালে সকলো ঠিক হৈ যাব !" 
     কথা বোৰ ভাবি ভাবি তাইৰ এনে লাগিল আজি যেন সকলোকে চিঞৰি চিঞৰি কমলৰ কথা বোৰ কৈ পাগলীৰ দৰে ঘুৰি ফুৰিব ! এবাৰ ভাৱে তাই -- দুখ কষ্ট হ'লেও কমলৰ লগত সংসাৰ কৰা হেতেন আজি হয়তো এনে হ'বলৈ নাপালে হয় ! এবাৰ আকৌ মাক - দেউতাকৰো কথা ভাবে তাই ! তেওঁ লোকেনো ইমান কষ্টৰে পঢ়াই - শুনাই কেনেকে তাইক কাম- কাজ নথকা ল'ৰা এটাৰ লগত বিয়া দিয়ে ! কমলেনো কাম এটা জোগাৰ কৰি ল'ব নোৱাৰিলে নে , অন্তত তাইৰ বাবে  --মাথোঁ তাইৰ বাবে ! এইবোৰ তল ওপৰ ভাবি ভাবি  তাইৰ শৰীৰটো ঠাণ্ডাহৈ নিঠৰ হোৱা যেন হৈ বিচনাতে পৰি থাকিল ! চকু দুটা সামান্য মেল খাওঁতে তাই দেখিলে , মানৱে তাইৰ ভৰিত গৰম তেল লগাই লগাই মালিচ কৰি গ'ল আলফুলে মৰমেৰে । তাই মাথোঁ অপলক দৃষ্টিৰে মানৱৰ ফালে চাই ৰ'ল ! কথাষাৰ তাই  কেনেকে ক'ব মানৱক ! নাই -- কথাটো মানৱক ক'ব নোৱাৰিব তাই ! 



পৃষ্ঠা ৩৬

ৰেচিপি


ভাপত দিয়া মাছ

সামগ্রী:-
১)ডাঙৰ মাছ ৪পিছ
২)বিলাহী ২টা
৩)শুকান জলকীয়া ৩টা
৪)নহৰু ৮ফুটা
৫)আদা সৰু এডোখৰ
৬)মিঠাতেল ৪চামুচ
৭)নিমখ আন্দাজমতে
প্ৰণালী:-
 এটা টিফিনত ধুই লোৱা মাছ ৪পিছ দি তাতে পুৰি লোৱা বিলাহী আৰু জলকীয়া৩টা দি দিব। লগতে আদা, নহৰু বাতি লৈ আৰু মিঠাতেল ৪চামুচ দি লৈ আন্দাজমতে নিমখ দি টিফিনৰ ঢাকনি মাৰি কুকাৰত অলপ পানী দি এটা বা দুটা হুইচেল মাৰি দিয়ক আৰু ঠাণ্ডা হলে কুকাৰৰ পৰা ওলিয়াই  লওক আৰু ভাতৰ সৈতে পৰিবেশন কৰক। অতি সহজতে তৈয়াৰী এটা সুন্দৰ ৰেচিপি। 

মুনমী গগৈ
শিৱসাগৰ(জাঁজী)


পৃষ্ঠা ৩৭

শেষ পৃষ্ঠাৰ লেখাঃ

সময়ৰ বুকুত নান্নাটাৰী গাঁৱৰ ভঠেলী উৎসৱ
        
প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন সংস্কৃতিত বিভিন্ন গছ পূজাৰ প্ৰচলন আছে। বিশ্বাস অনুসৰি ঠাই ভেদে মানুহে বিভিন্ন গছক পূজা কৰে। ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন গছ-গছনিক দেৱ-দেৱীৰ প্ৰতীক হিচাপে লৈ পূজা কৰে। বহাগ বিহুক কেন্দ্ৰ কৰি অসমত বাঁহ গছক কৰা পূজাকেই ভঠেলি উৎসৱ বুলি জনা যায়। বিশেষকৈ নামনি অসমৰ  কামৰূপ জিলাৰ ৰামদিয়াত, নলবাৰী জিলাৰ বেলশৰ ,বৰনৰ্দী,
বাটসৰ আৰু নান্নাটাৰী গাঁৱত  বহাগ মাহত এই উৎসৱ ধুম-ধামেৰে পালন কৰা হয় ৷

কৃষিজীৱী সমাজত লোক-উৎসৱ সমূহ পৰম্পৰাগত ভাৱেই চলি আছে। ই কেতিয়া আৰম্ভ হৈছিল তাৰ কোনো চন-তাৰিখ নাই। ভঠেলি শব্দটো কোনো কোনোৱে ভাঠি, কোনো কোনোৱে ভাটিয়ালি আৰু কিছুমানে ভূঁইথলীৰ পৰা ‘ভঠেলী’ৰ উৎপত্তি বুলি কয়। ড° বাণীকান্ত ককতিৰ মতে : ‘ভঠেলি’ শব্দটো সংস্কৃত ভাষাৰ ভস্থলী বা ভস্থালিকা শব্দৰ পৰা ৰূপান্তৰিত হৈ অসমীয়া ভাষাত ‘ভথেলি’ হিচাপে ব্যৱহাৰ হৈছে। আকাশ মণ্ডলত শোভা বৰ্ধন কৰা সুসজ্জিত বাঁহৰ নিচানেই ভথেলি উৎসৱৰ কেন্দ্ৰবিন্দু।  ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যইও ভঠেলি শব্দটো আৰ্য্য  সংস্কৃত ভস্থালিকা শব্দৰ পৰা উদ্ভৱ হোৱা বুলি ক’ব খোজে। উত্তৰ কামৰুপৰ বিভিন্ন ঠাইত উদ্‌যাপিত ভঠেলিত দুডাল বাঁহ (এডাল দীঘল আৰু চুটি) দৰা-কন্যাৰ প্ৰতীক হিচাপে লৈ ৰং-বিৰঙৰ কাপোৰেৰে মেৰিয়াই ফুলৰ মালা আৰু চোঁৱৰ সুসজ্জিত কৰি ‘পাৰা’ বা ‘পাউৰা’ তোলাৰ ব্যৱস্থা আছে। অৱশ্যে আজিকালি ভঠেলিৰ মূল খলা (খোল)-ৰ বাঁওফালে গোঁসাই বা বিগ্ৰহ স্থাপন কৰি পোন্ধৰ জনা গোঁসাইৰ কাৰণে পকী মণ্ডপ সজাই দিয়াৰ কিছু বছৰ পূৰ্বে জেকনিসহ চাৰিটা আগবাঁহ ৰঙীণ কাপোৰেৰে বান্ধি মাটিৰ ঢাপৰ চাৰিওফালে বান্ধিছিল। এয়া বাঁহ পূজাৰ ঐতিহ্য বহন কৰে নে জনজীৱনত বাঁহৰ প্ৰয়োজনীয়তাক সূচায় সেয়া গৱেষণাৰ বিষয়। 

বহাগৰ এক নিৰ্দ্দিষ্ট দিনত বেলেগ বেলেগ গাঁৱত এই উৎসৱ এদিনীয়াকৈ পালন কৰা হয়। কোনো জাকজমকতা নকৰাকৈ উদ্‌যাপিত হৈ অহা এই ভঠেলি উৎসৱৰ দিনা পুৱাৰ ভাগতে গাঁৱৰ ডেকা-চেমনীয়া ল’ৰাহঁতে জাতি বাঁহ এডাল আগলি নকটাকৈ মূঢ়াৰ সৈতে উভালি আনি ভালদৰে চাঁচি-চুৰুকি ধুই পখালি লয়। তাৰ পিছত সেই বাঁহডাল ৰং-বিৰঙৰ কাপোৰেৰে মেৰিয়াই ফুলৰ মালা আৰু চোঁৱৰেৰে সজাই তোলে। এই সু-সজ্জিত বাঁহডালক পাউৰা বোলা হয়। মেৰিওৱা কাপোৰখিনিক ‘পাউৰাৰ কাচ’ বুলি কোৱা হয়। পাউৰা অনা মানুহজনে গা ধুই উপবাসে থাকি পবিত্ৰ সাজ পৰিধান কৰি পাউৰাটো কান্ধত তুলি ভঠেলি খোলালৈ আনে। পিছত শংখ, ঘণ্টা, বৰকাঁহ, ঢোল, খোল, তাল, আয়তীসকলৰ উৰুলি, হৰিধ্বনি আদি মাংগলিক ধ্বনিৰ মাজত ৰং-ৰহইচৰ মাজেৰে আটায়েই এই সু-সজ্জিত বাঁহডালক তুলি দি গুৰিটো পুতি দিয়ে। সাধাৰণতে গাঁৱৰ নামঘৰ বা থান আদিত উমৈহতীয়া ঠাইত থকা ভঠেলি উৎসৱ খোলাৰ ডাঙৰ গছত সু-সজ্জিত বাঁহডাল ওলোমাই ৰখা হয়।

ভঠেলিৰ দিনা ৰাতিপুৱাই ১১১২ নং নান্নাটাৰী প্ৰাথমিক বিদ্যালয়ৰ কামাখ্যা মন্দিৰ প্ৰাংগনত ডেকা ল’ৰাহঁতে ভঠেলি খোলাৰ একাষে এটি বাঁহৰ খুটি পুতি খুটিটোৰ মূৰত কলৰ ছটিয়াৰে এটি এঢলীয়া ঘৰ সাজে। এই ঘৰটোক ভঠেলি বোলা হয়। ঘৰটোৰ ভিতৰত এখন ডাঙৰ পীৰাৰ ওপৰত নতুন বিহুৱান এখন দি তাৰ ওপৰত একলহ চাউল, এথোক কল, এথোক তামোল, বিশ মুঠি পাণ, নাৰিকল, ফলমূল আদি ৰখা হয়। ধূপ-ধুনা জ্বলাই এই ঘৰটোত বাঁহদেৱতা অগ্নিলৈ এখন নৈবদ্য আগবঢ়াই তাতেই নাম-প্ৰসংগ কৰি নতুন বছৰটোত যাতে সকলো ভালে-কুশলে থাকিব পাৰে, তাৰ বাবে আশিস বিচাৰে।

সাতামপুৰুষীয়া ভঠেলি উৎসৱ চোৱাৰ বাবে ডেকা-বুঢ়া সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বাটকুৰি বাই আহে। এই জাতীয় উৎসৱ ভঠেলিত লোকাচাৰ আৰু ৰং-ধেমালিৰ প্ৰাচুৰ্য্য আছে। কিন্তু ইয়াত তন্ত্ৰ-মন্ত্ৰৰ প্ৰচলন একেবাৰেই নাই। দুপৰীয়াৰ পৰা চলা ভঠেলি উৎসৱ সন্ধিয়াৰ লগে লগে সামৰণি পৰে। ভঠেলিৰ পৰা নিজ নিজ ঘৰলৈ ঘূৰি যাওঁতে প্ৰতিজন মানুহে ‘পাউৰা’ৰ গুৰিৰ মাটি আনি নিজ ঘৰৰ হাঁহ-পাৰৰ বাঁহত থয়। বিশ্বাস অনুসৰি এই মাটি হাঁহ-পাৰৰ বাঁহত থ’লে হেনো কণী, পোৱালি আদিৰ একো অনিষ্ট নহয়। এই ভঠেলি উৎসৱত জিলাপী খোৱা আৰু ঘৰলৈ নিয়া আন এক আনন্দ।

গধূলি নামি অহাৰ লগে লগে ডেকা-ল’ৰাহঁতে ভঠেলি ঘৰটোৰ পৰা ভিতৰৰ বস্তুবোৰ আঁতৰাই আগতে সাজু কৰি থোৱা বাঁহৰ লাঠিৰে ঘৰটো কোবাই কোবাই ভাঙি আনন্দ কৰে। ইয়াক ভঠেলি ভগা বুলি কোৱা হয়। উৎসৱ শেষ হোৱাৰ লগে লগে গাঁৱৰ ডেকা ল’ৰাহঁতে ‘পাউৰা’ কান্ধত লৈ নামৰ পদ গাই গাই ঘৰে ঘৰে লৈ ফুৰায়। প্ৰতিঘৰ মানুহৰ জীয়ৰী-বোৱাৰীয়ে এই ‘পাউৰা’ক ভক্তি সহকাৰে সেৱা কৰে। থাল এখনত ফাকু লৈ ডেকাহঁতে সেৱা কৰাসকলক ফাকুৰ ফোঁট দিয়ে আৰু পৰিয়ালৰ লোকসকলে সেই থালখনত কিছু টকা পইচা আগবঢ়ায়। এই ‘পাউৰা’টো পিছত নামঘৰৰ কামত ব্যৱহাৰ কৰা হয় ৷

ভঠেলি উৎসৱলৈ কোনো আমন্ত্ৰণৰ কথা নাই। ভঠেলি উৎসৱৰ গোসাঁই আৰু ভঠেলি উৎসৱৰ মেলাৰ বাবেই মানুহৰ ইমান আকৰ্ষণ। নান্নাটাৰী বাসীও সেইদিনা হেজাৰ হেজাৰ মানুহৰ পদ-ধূলিৰে ধন্য হয়। 

কৃষ্টিয়ে এটা জাতিক জীয়াই ৰাখে। এটা জাতি জীয়াই থকাৰ অৱলম্বন হ’ল কৃষ্টি। চহা জীৱনৰ অতীতৰ স্মৰণীয় দিনৰ প্ৰতিফলন হ’ল : লোক উৎসৱ বা লোক-সংস্কৃতি। অতীতৰ গতিশীলতাই বাস্তৱৰ লগত মিলন ঘটায়। সেই অতীতক লৈ বাস্তৱ ধাৱিত হয় আৰু বাস্তৱ হৈ পৰে মধুময়।  এইবেলিও নান্নাটাৰী গাঁৱৰ লোক-উৎসৱ ভঠেলি বহাগৰ ৪, ৫ আৰু ৬ তাৰিখে ধুম-ধামেৰে পালন কৰা হৈছে ৷ প্ৰতিবছৰে চলি অহা এই লোক-উৎসৱে  নান্নাটাৰীবাসীক কৰি তুলিছে মহীয়ান।

পৰিণীতা কলিতা
সহ সম্পাদিকা অঙ্গন
টিহু,নলবাৰী



পৃষ্ঠা ৩৮
 


গ্ৰন্থ পৰ্য্যালোচনা

..............................
গ্ৰন্থৰ নাম: ' মাজুলীৰ মৌ'
লেখক: শ্ৰীমন্ত দত্ত।
প্ৰথম প্ৰকাশ: মাৰ্চ, ২০২১
প্ৰকাশক: অনুশীলন
মূল্য: ১৭০ টকা।

সামাজিক মাধ্যমৰ এটি সাহিত্য চৰ্চাৰ গ্ৰুপ অনুশীলন। এই অনুশীলনৰ জন্মদাতা পিতৃ স্বৰূপ শ্ৰীমন্ত দত্ত দেৱৰ ' মাজুলীৰ মৌ' আঠটা গল্পৰ এখন গল্প সংকলন। ইয়াৰ উপৰি এই গল্প সংকলন খনি অনুশীলন গ্ৰুপৰ মাধ্যমেৰে প্ৰকাশিত প্ৰথম খন গ্ৰন্থ। এই কিতাপখনত প্ৰকাশ পোৱা প্ৰতিটো গল্পই উজনিৰ পৰা নামনিলৈ পাঠকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।
          এই গ্ৰন্থখনত প্ৰকাশিত গল্প কেইটাৰ নাম: ' মাজুলীৰ মৌ', স্বীকাৰোক্তি, দৰা ধৰিব কোনে, মালিতাৰ গুণোৎসৱ, পণ, কাচিজোন, পৰিৱৰ্তন,স্ফুলিংগ। 
ইয়াৰ প্ৰতিটো গল্পই হৃদয় চুই যায়।
        
   'মাজুলীৰ মৌ 'গল্পটো আৰম্ভ হৈছে কবি প্ৰিয়ম বৰুৱা আৰু  মৌচুমীৰ মাজত ফোনৰ জৰিয়তে হোৱা কথোপকথনৰ মাজেৰে।  লেখকে বৰ সুন্দৰকৈ গল্পটো আগবঢ়ায় নি শেষান্ততহে জানিবলৈ দিছে যে ইমান সুন্দৰ কবিতা লিখা কবিজন এজন অন্ধ  ব্যক্তি। কেৱল পাঠকেই নহয় গল্পৰ নায়িকা মৌচুমীয়েও শেষতহে জানিব পাৰিছে যে ইমান দিনে ফোনত কথা পাতি থকা মানুহজন অন্ধ আছিল আৰু জনাৰ পিছতো মৌচুমী প্ৰিয়মৰ কাষলৈ আগুৱাই আহিছিল।
   
দ্বিতীয়টো গল্প ,স্বীকাৰোক্তি,  
এই গল্পটো এজন সৎ, নিৰ্দোষী মানুহৰ । যাৰ নাম আছিল , ড: গৌৰীশংকৰ । তেওঁ আনৰ ষড়যন্ত্ৰৰ বলি হৈ নিজৰ সন্মান হেৰুৱাব লগা হৈছিল। শেষত তেওঁ প্ৰতিক্ষা বৰুৱাৰ (কাহিনীৰ অন্য এটি চৰিত্ৰ)সহায়ত পুনৰ  হেৰুৱা সন্মান ঘুৰাই পাবলৈ সক্ষম হয়। আৰু কাৰ্য্যত সহায় কৰে সমীৰনে।
 
তৃতীয়টো গল্প , দৰা ধৰিব কোনে, এই গল্পটো অৰূপ নামৰ ল'ৰাটোৰ শৈশৱৰ অন্তৰংগ বন্ধু আছিল মানৱ। অৰূপে সৰুতেই কথা দিছিল  যে তাৰ বিয়াত মানৱে ছাতি ধৰিব। সময়ৰ সোঁতত অৰূপ সলনি হৈছিল , হেৰাই গৈছিল প্ৰতিশ্ৰুতি আৰু সেই কথা সহজ ,সৰল মনৰ মানৱে বিয়াৰ দিনা অৰূপৰ পৰা পোৱা লাজ , অপমানৰ পৰাহে অনুভৱ কৰিছিল। বিয়াৰ ৰভাতলিত লেখকে এটি কৰুণ দৃশ্য বৰ সুন্দৰকৈ ফুটাই তুলিছে।

     মালিতাৰ গুণোৎসৱ নামৰ গল্পটোত  বিদ্যালয় বোৰত গুণোৎসৱে কেনেদৰে প্ৰভাৱ পেলাইছিল , কেনেদৰে বিদ্যালয় সমুহে নিজকে ন কন্যা দৰে সজাই পৰাই তুলিছিল  । সকলোৱে সকলো কামতে সহযোগিতা আগবঢ়াইছিল। কিন্তু  গুণোৎসৱ হৈ যোৱাৰ পিছতেই   বিদ্যালয়ৰ ৰান্ধনী মালিতাই অনুভৱ কৰিছিল  ,  ৰেণু বাইদেউৰ দৰে মানুহৰ যে মনবোৰ সলনি হোৱা নাছিল গুণোৎসৱৰ প্ৰভাৱত , যেতিয়া মালিতাই  খাবলৈ বাঢ়ি লোৱা পাত খনৰ পৰা ৰেণু বাইদেৱে উঠাই পঠাইছিল তই চান্দা দিয়া নাই বুলি। লেখকে সুন্দৰকৈ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে এখন বাস্তৱ ছবি এই গল্পটোৰ মাজেৰে।

    'কাঁচিজোন ' গল্পটোত  বোৱাৰীয়েক'ৰ সন্তানহীনতা বাবে পুত্ৰৰ দ্বিতীয় বিবাহ কৰিবলৈ বিচাৰি ব্যৰ্থ হৈ শাহুয়েকে ঘৰ এৰি এখন আশ্ৰমলৈ গুচি যায় আৰু পুত্ৰই দ্বিতীয় বিবাহ নকৰালৈকে ওভটি নহাৰ সিদ্ধান্ত লয়। শাহু , বোৱাৰীৰ মনৰ মাজত চলি থকা দুখ- যন্ত্ৰণা বোৰ লেখকে সুন্দৰকৈ প্ৰকাশ কৰিছে এই গল্পৰ মাজেৰে। 

   ' মাজুলীৰ মৌ ' গ্ৰন্থ খনিৰ প্ৰতিটো গল্পই এক সুকীয়া  বাৰ্তা বহন কৰি পাঠকৰ মনত  স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই মাত্ৰ কেইটামান গল্পৰহে চমু আভাস দাঙি ধৰিলো। 
এই গ্ৰন্থখনিৰ এটি বিশেষত্ব হৈছে , লেখকে শেষৰ  পৃষ্ঠাত ৰক্তদাতাৰ নাম, ঠিকনা , ফোন নম্বৰ সমুহ সন্নিবিষ্ট কৰিছে। যাতে প্ৰয়োজন সাপেক্ষে মই, আপুনি, আমি সকলোৱে এই সকল ব্যক্তিৰ লগত সহজে যোগাযোগ কৰিব পাৰো।
   এক কথাত ক'বলৈ হ'লে 'মাজুলীৰ মৌ' সাহিত্য জগতৰ এক ব্যতিক্ৰমী গ্ৰন্থ।
  শেষত , লেখক শ্ৰীমন্ত দত্তদেৱলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এখন সুন্দৰ গ্ৰন্থ পাঠক সমাজলৈ উপহাৰ দিয়া বাবে। আমাৰ বিশ্বাস 'মাজুলীৰ মৌ 'ক যি এবাৰ হাতত তুলি  ল'ব তেওঁৰ হৃদয়ত আপোনা- আপুনি 'মাজুলীৰ মৌ'য়ে স্থান লাভ কৰিব। 

অৰ্চনা দত্ত শইকীয়া, 
জাঁজী , জামুগুৰি, শিৱসাগৰ।



পৃষ্ঠা ৩৯

আৰ্ট গেলাৰীঃ

স্নেহা বক্সী
গোলাঘাট বাণিজ্য মহাবিদ্যালয়


পৃষ্ঠা ৪0


Post a Comment

0 Comments