অঙ্গন (দ্বিতীয় বছৰৰ ৪ৰ্থ সংখ্যা)


পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 জুলাই 2021

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

পৃষ্ঠাঃ ৩
বিশেষ ঘোষণা

'অঙ্গন'ৰ উদ্যোগত আয়োজন কৰা কবিতা পাঠ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিজন প্ৰতিযোগীলৈ  শুভেচ্ছা জ্ঞাপন কৰা হ'ল। আপোনালোকক জনাওঁ যে আপোনালোকে প্ৰেৰণ কৰা ভিডিঅ' সমূহ এই পেজত পোৱাৰ উপৰিও ankuranpublication YouTube channel  তো পাব। আপোনালোকে এই পেজৰ চেয়াৰ লিঙ্কত গৈ ভিডিঅ' সমূহ শ্বেয়াৰ কৰি সৰ্বাধিক ভিউৱাৰ অৰ্জনৰ বাবে চেষ্টা কৰক।
কাৰণ আমি এই প্ৰতিযোগিতাৰ ফলাফল ভিউৱাৰৰ ভিত্তিত নিৰ্বাচন কৰিম।

উল্লেখ্য যে--
এই প্ৰতিযোগিতাৰ ফলাফল ১-১৫  আগষ্ট সংখ্যাত ঘোষণা কৰা হ'ব।
আপোনালোকৰ ভিউৱাৰৰ সংখ্যা ৩০ জুলাইলৈকে প্ৰতিযোগিতাৰ ভিতৰত ধৰা হ'ব।
ইয়াৰ পিছৰ ভিউৱাৰ প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা নহ'ব।

ধন্যবাদেৰে
সম্পাদনা সমিতি অঙ্গন

পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
    ক'ভিড আৰু আমাৰ স্বাস্থ্য

২/ প্ৰৱন্ধ:
ক/ কৰ'নাৰ সহবাসত থলুৱা খাদ্যৰ ৰাসায়ন ( বন্দিতা শৰ্মা কন্দলি)
খ/ চুতীয়া ৰাজ্য ( প্ৰণৱ ফুকন)
গ/ ইংৰাজৰ আদালতত গান্ধীজীয়ে দিয়া মহান উক্তি ফাকি। ( বীৰেশ্বৰ ৰাভা)
ঘ/ বিহুৰ  বৈশিষ্ট অটুট আছেনে ? ( ৰূপা বৰা দাস)

৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ অভিশ্ৰুতি ( চয়নিকা বৰুৱা)
খ/ পোছাকৰ আঁৰৰ মানুহজন ( শিখামণি গগৈ)

৪/ অণুগল্পঃ
ক/ মাতৃস্নেহ ( মীনাক্ষি ৰায় ডাকুৱা)
খ/ মুখা ( ৰিতামণি বায়ন)
গ/ জীৱন এক শীতল যুদ্ধ ( ৰাকেশ শৰ্মা)
ঘ/ মা ( স্বপ্নম জ্যোতি কলিতা)

৫/ চুটি গল্পঃ
ক/  বাৰিষা ( দ্বীপেন গগৈ)
খ/ চহকী ( হেপী শইকীয়া)

৬/ অনুবাদ কবিতাঃ
হাঁহি থকা হৃদয়
(The Laughing heart by Cherles Bukowoski অনুবাদঃ প্ৰাণকৃষ্ণ গোস্বামী)

৭/ কবিতাঃ
ক/ গলগাথাৰ কবিতা ( ৰুদ্ৰ সিংহ মটক)
খ/ মেঘলৈ বুলি... ( মেঘালী গগৈ)
গ/ প্ৰেমৰ ঠিকনা ( জুৰি ৰাজখোৱা গগৈ)
ঘ/ মৰুতৃষ্ণা ( গীতা শৰ্মা)
ঙ/ মোৰ বন্ধুজনৰ কোঠাটো ( পাৰ্শ্ব নাৰায়ণ গোস্বামী )
চ/ ফাগুন (কৃষ্ণাময়ুৰী হাজৰিকা)
ছ/ সুগন্ধি পখিলালৈ শ্ৰদ্ধাঞ্জলি ( প্ৰস্তুতি শৰ্মা)
জ/ নিত্যানন্দ ( দীপক বৰা)
ঝ/ অকলে আছোঁ ( মিচ চৰিফা বেগম)
ঞ/ ভগ্ন হৃদয় ( নিৰূপণ বৰুৱা)
ট/ মন যায় ( উদিত ৰাজ বৰা)
ঠ/ খিৰিকী ( মৰমী চাহু)
ড/ অবিৰত যাত্ৰা ( দৰ্শনা হাজৰিকা)
ঢ/ অক্লান্ত শব্দ ( মনীষা ভাৰদ্বাজ)
ণ/ ঢৌৱে ঢৌৱে নদীৰ জীৱন (দীপজ্যোতি দাস)

৮/ অনুভৱঃ   
ক/  জন্মদিন যেতিয়া উপহাৰ কেন্দ্ৰিক হয় ( দীপাঞ্জলী তালুকদাৰ)
খ/ আমি প্ৰেমত পৰোঁ নে প্ৰেম কৰোঁ ? ( বিষাদ ৰঞ্জন বৰবৰা)

৯/ শিশু বিশেষঃ শিশুৰ বৌদ্ধিক বিকাশত বংশগত প্ৰভাৱ ( জ্যোতিমণি শইকীয়া)

১০/ভ্ৰমণ কাহিনীঃ মাদুৰাই (শৰ্মীষ্ঠা বৰ্মন)

১১/ নীলা খামৰ চিঠিঃ  মৌচুমী গগৈ

১২/ গ্ৰন্থ পৰ্যালোচনাঃ মৌন ওঁঠ মুখৰ হৃদয় ( আকাংক্ষা বৰা) 

১৩/ লিমাৰিকঃ
  ক/ ববী দত্ত
  খ/ আৰতি ফুকন

১৪/ ৰেচিপিঃ 
ক/ কণীৰ পৰা তৈয়াৰ পনীৰ ৰেচিপি ( বন্দী বৰ্মন )

১৫/ গল্পঃ
ক/ ৰঙহীন সেন্দূৰ ( নমিতা তালুকদাৰ)
খ/ জীয়াই থকাতো যেন এক যন্ত্ৰণা ( ৰাজশ্ৰী বৰা)

১৬/ আৰ্ট গেলাৰীঃ
অন্তৰীক্ষা কলিতা, ঋষিকা শৰ্মা, মৌকুঁহি গগৈ, 
তাকি তৈয়াবা হুছেইন আৰু কাজল দত্ত 

১৭/ শেষ পৃষ্ঠাৰ লেখাঃ দৃষ্টিপাত ১ ( মঞ্জিত হাজৰিকা)


পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ ৰীমা কলিতা চুবেদাৰ 
ৰুক্মিণী গাঁও, গুৱাহাটী

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।


পৃষ্ঠা ৬
সম্পাদকীয়ঃ

ক'ভিড আৰু আমাৰ স্বাস্থ্য

২০১৯ বৰ্ষৰ পৰা বৰ্তমানলৈকে প্ৰায় সমগ্ৰ বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ কথা নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই। ইতিমধ্যে দেশত ৪ লক্ষাধিক লোকে এই ৰোগত প্ৰাণ হেৰুৱালে আৰু প্ৰায় ৩ কোটি লোকে বৰ্তমানেও এই ৰোগৰ লগত যুঁজি আছে। মানৱ জাতিয়ে হয়তো কাহানিও কল্পনাই কৰা নাছিল যে এনে এটি ৰোগৰ প্ৰাদুৰ্ভাৱ হ’ব যিয়ে মানুহক মানুহৰ পৰা আঁতৰলৈ লৈ যাব, মানুহক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বাধ্য কৰাব, মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব।

আমি জানো যে সু স্বাস্থ্যই হৈছে এটা সুন্দৰ, সুখী জীৱনৰ মূল আধাৰ। প্ৰতিজন সচেতন ব্যক্তিয়েই স্বাস্থ্য ভালে ৰাখিবলৈ বিভিন্ন উপায় অৱলম্বন কৰে। গৰিষ্ঠসংখ্যক লোকে এই ক্ষেত্ৰত ৰাতিপুৱা অথবা সন্ধিয়া পৰত খোজ কাঢ়ে। কিন্তু অতিকৈ পৰিতাপৰ কথা এয়ে যে বৰ্তমান দেশৰ বহুতো চহৰ-নগৰত প্ৰশাসনে জনসাধাৰণক এনে ভ্ৰমণৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিবলগীয়া পৰিস্থিতি হৈছে।

এনে জটিল পৰিস্থিতিতো আমি মনত ৰাখিব লাগিব যে সুস্থ শৰীৰতহে সুস্থ মনে বাস কৰে। সুস্থ মন মানেই এটা সুন্দৰ মন, সকলো ধৰণৰ পৰিস্থিতৰ সৈতে যুঁজিব পৰা এটি মন। বিপৰীতে আমি ক’ব পাৰোঁ যে ৰুগীয়া, দুৰ্বল শৰীৰ আমাৰ প্ৰধান শত্ৰু। কিয়নো আমি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত, পৰিকল্পনা কৰাত, আনকি আমাৰ মানসিক জগতখন শক্তিশালী কৰি ৰখাত দুৰ্বল শৰীৰটোৱে সদায়েই বাধাৰ সৃষ্টি কৰে। গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত আমাৰ শৰীৰটো নিৰোগী আৰু শক্তিশালী কৰি ৰাখিবই লাগিব। এষাৰ কথা আছে,- ‘আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন লওক, এদিন স্বাস্থ্যই আপোনাৰ যত্ন ল’ব।‘

একেদৰে এটা সুন্দৰ জীৱনৰ বাবে আমাৰ মনৰ গুৰুত্বও ক'ম নহয়। আমি আমাৰ মানসিক জগতখন ধুনীয়া কৰি ৰাখিবলৈ আমাৰ ভাবনাসমূহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলগীয়া হয়। গুৰুত্বপূৰ্ণ কথা এয়া যে আমাৰ মনৰ ওপৰত শৰীৰৰ সম্পূৰ্ণ ভূমিকা থাকে।

ক'ভিড সৃষ্ট এই দুঃসময়ত আমি আমাৰ স্বাস্থ্য সম্পৰ্কত অধিক সচেতন হ’ব লাগিব। ক'ভিড আমাৰ শৰীৰত দেখা দিয়া ৰোগ। অৱশ্যে এই ৰোগে বহুজনৰ মানসিক শক্তিখিনিও ধ্বংস কৰি পেলায়। এই ৰোগ এজনৰ পৰা আন এজনৰ শৰীৰলৈ যাতে বিয়পি পৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে ঠাই বিশেষে যি কিছুমান নিৰ্দেশনা জাৰি কৰিছে তাৰ প্ৰতি সন্মান জনাই আহকচোন আমি সকলোৱে ঘৰতেই থাকি প্ৰাণায়াম, আসন, যোগাসন আদি কৰাৰ উপৰিও খোৱা-বোৱা, ভাল টোপনি আদিৰ জৰিয়তে নিজকে সুস্থ ৰাখোঁ।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 9678696861

পৃষ্ঠা ৭
প্ৰৱন্ধঃ

কৰ'নাৰ সহবাসত থলুৱা খাদ্যৰ ৰসায়ন 

বন্দিতা শৰ্মা কন্দলি 
দেৰগাঁও, গোলাঘাট

বৰ্তমান সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ'না ভাইৰাছ বিধ 'বৰদৈচিলা'ৰ দৰে নিশ্চয় নহয় । এই ভাইৰাছ বিধৰ লগত সহবাস কৰিবলৈ নিজকে আমি অভিযোজন কৰি ল'ব লাগিব । অৱশ্যে বিজ্ঞানে ভাইৰাছ বিধৰ সংক্ৰমণৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ব্যৱস্থা মানৱ জাতিক প্ৰদান কৰিব । তেতিয়ালৈকে আমি সজাগ আৰু সচেতনতাৰে সুৰক্ষিত হৈ থকাটো অতি প্ৰয়োজনীয় কথা । চিকিৎসা বিজ্ঞানী সকলৰ মতে এই ভাইৰাছ বিধে কোনো ৰোগীক মৃত্যু মুখলৈ ঠেলি দিব নোৱাৰে। যদিহে তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় হৈ থাকে ।যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ । গতিকে কৃষি উৎপাদিত সামগ্ৰীয়েই হৈছে আমাৰ থলুৱা খাদ্য ।

বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানৱ জাতিৰ জীৱন যাত্ৰাত অভূতপূৰ্ব প্ৰভাৱ পেলাইছে ।মানুহৰ জীৱন যাত্ৰা আধুনিকৰ পৰা অত্যাধুনিকতালৈ গতি কৰি আছে । লগে লগে প্ৰকৃতিৰ ওপৰত শোষণ, অৱহেলা আৰু অত্যাচাৰ বাঢ়ি যাবলৈ ধৰিলে । কিন্তু বিজ্ঞান আহিল ক'ৰ পৰা ? প্ৰকৃতিৰ ঘটনা -পৰিঘটনাৰ ৰহস্য ভেদেই বিজ্ঞান নহয় জানো ! প্ৰকৃতিয়েই হৈছে মানৱ জীৱন সংগ্ৰামৰ আদি গুৰু ।পৰিস্থিতি তন্ত্ৰই হৈছে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ অন্যতম কাৰক । মানুহৰ অত্যধিক হাবিয়াসে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মাইছে।ফলস্বৰূপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ, খৰাং বতৰ, অতিবৃষ্টি, বায়ুমণ্ডলৰ উষ্ণতাৰ হ্ৰাস -বৃদ্ধি আদিৰ দৰে জলবায়ুৰ  পৰিবৰ্তনৰ লগতে সময়ে সময়ে মহামাৰী ৰূপ ধাৰণ কৰি প্ৰকৃতিয়ে মানৱ জাতিক শিক্ষা প্ৰদান কৰি আহিছে ।
             বৰ্তমান সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ'না ভাইৰাছ বিধ 'বৰদৈচিলা'ৰ দৰে নিশ্চয় নহয় । এই ভাইৰাছ বিধৰ লগত সহবাস কৰিবলৈ নিজকে আমি অভিযোজন কৰি ল'ব লাগিব । অৱশ্যে বিজ্ঞানে ভাইৰাছ বিধৰ সংক্ৰমণৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ব্যৱস্থা মানৱ জাতিক প্ৰদান কৰিব । তেতিয়ালৈকে আমি সজাগ আৰু সচেতনতাৰে সুৰক্ষিত হৈ থকাটো অতি প্ৰয়োজনীয় কথা । চিকিৎসা বিজ্ঞানী সকলৰ মতে এই ভাইৰাছ বিধে কোনো ৰোগীক মৃত্যু মুখলৈ ঠেলি দিব নোৱাৰে। যদিহে তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় হৈ থাকে ।যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ। গতিকে কৃষি উৎপাদিত সামগ্ৰীয়েই হৈছে আমাৰ থলুৱা খাদ্য ।
          এই থলুৱা খাদ্য সমূহেই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰি আহিছে । 'খাৰ খোৱা ' অসমীয়া খ্যাত আমাৰ সকলোৰে ভাতেই হৈছে প্ৰধান আৰু অন্যতম খাদ্য । ভাতক মূলতঃ কাৰ্বহাইড্ৰেট যুক্ত খাদ্য বোলা হয়, কিয়নো ইয়াত শতকৰাৰ পৰিমাণ অধিক ।তাৰোপৰি ভাত ফচফৰাচ, মেগনেছিয়াম, কেলছিয়াম আদি খাদ্যৰ লগতে ভিটামিন বি  জাতীয় খাদ্যৰো মূল উৎস । সেয়েহে ভাত হৈছে পুষ্টিৰ ভঁৰাল । ৰাতি সাজৰ ভাত বেছি হ'লে পানী দি থোৱা অধিক সংখ্যক মহিলাৰে অভ্যাস । পিছদিনা এই পানী দিয়া ভাতক পঁইতা ভাত বা জুৰণি বুলিও কোৱা হয় । এই পঁইতা ভাত কিন্বণ প্ৰক্ৰিয়াৰে প্ৰস্তুত হয় । অৰ্থাৎ ভাতত থকা প্ৰাকৃতিক শৰ্কৰাৰ পৰা ইষ্ট উৎপন্ন হয়। ইষ্টৰ প্ৰজনন ক্ষিপ্ৰতাৰে হয় আৰু ইহঁতৰ শ্বাস -প্ৰশ্বাসত কাৰ্বন -ডাই -অক্সাইড গেছ উৎপন্ন হয় ।সেয়ে আমি পঁইতা ভাতৰ ওপৰৰ পানী খিনিত ফেন উঠা দেখা পাওঁ । গৱেষকসকলে কৈছে যে পঁইতা ভাতত দেহৰ বাবে প্ৰয়োজনীয় খনিজ লৱণ সমুহ সৰহকৈ পোৱা যায় ।ফলত শৰীৰত খনিজ লৱণ নিৰ্দিষ্ট অনুপাতত বৰ্তি থাকে আৰু ছডিয়াম -পটাছিয়াম চক্ৰও সুস্থিৰ কৰি ৰাখে ।ছডিয়াম -পটাছিয়াম সমতুল্য অৱস্থাই শৰীৰৰ হৃদপিণ্ড বিকল হোৱাৰ পৰা ৰক্ষা কৰে । পোৰা আলু পিটিকাৰ সৈতে পঁইতা ভাতৰ জুতিয়েই সুকীয়া ।
            থলুৱা খাদ্যৰ আন এবিধ অন্যতম ব্যঞ্জন হৈছে কলডিল আৰু কল -পচলা ।শৰীৰত আইৰণৰ অথবা হিমগ্লবিনৰ পৰিমাণ কমিলে চিকিৎসকে কলডিল আৰু কচু শাক খাবলৈ কয় । এই দুই বিধ থলুৱা খাদ্যত প্ৰচুৰ পৰিমাণে আইৰণ থকাৰ উপৰিও কলডিলে বিভিন্ন ৰোগ কঢ়িওৱা বীজাণুৰ শ্ৰীবৃদ্ধিত বাধা দিয়ে ।মেলেৰিয়াৰ দৰে মহামাৰী ৰোগৰ বাবে কলডিল মহৌষধ । কলডিলে শৰীৰত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰাখে ।কলডিল ভিটামিন ছি,  ভিটামিন এ , ভিটামিন ইৰ লগতে ছডিয়াম আৰু পটাছিয়ামৰো উৎস । সেইদৰে কচুগুটিত কেইবাবিধো ভিটামিন, খনিজ লৱণ, শৰ্কৰা, ফলিক এচিডৰ উপৰিও মেগনেছিয়াম, আইৰণ, জিংক, পটাছিয়াম, মেংগানিজ আৰু ফছফৰাছৰ দৰে মৌল পোৱা যায় । ই হজম শক্তি বৃদ্ধি কৰে । আঁহযুক্ত কচুৱে প্ৰতিজাৰক হিচাপেও কাম কৰে ।ফলস্বৰূপে মৃত কোষ সৃষ্টিৰ সম্ভাৱনীয়তা হ্ৰাস পায় । কচুৱে শৰীৰত তেজৰ চলাচল সুচল কৰি ৰাখে ।
           আন এবিধ বাৰীৰ ঢাপৰ মহৌষধ হৈছে ঔটেঙা ।ঔটেঙাত জীৱদেহৰ প্ৰয়োজনীয় উপাদান সমূহ থকাৰ বাবে জীৱদেহক নিৰোগী কৰি ৰাখে । ইয়াত থকা ভিটামিন -ছিয়ে শৰীৰৰ কলাজেন নামৰ প্ৰটিন সংশ্লেষণত সহায় কৰে ।কলাজেনৰ উপস্থিতিয়ে শৰীৰৰ ছাল সুন্দৰ কৰি তোলাৰ লগতে দেহৰ ৰক্ত কণিকাৰ উৎপাদন অধিক গতিশীল কৰি তোলে ।
            অতি হেঁপাহৰ থলুৱা খাদ্য এবিধ হৈছে চুঙা পিঠা ।বাঁহৰ চুঙাত চুঙা পিঠাৰো বিজ্ঞান সন্মত কাৰণ আছে ।যেনেকৈ গুৰুজনাই কলপাতত মাহ প্ৰসাদ খাবলৈ বা গৰম ভাত খাবলৈ শিকাই থৈ গৈছে । বাঁহৰ চুঙাত বৰা চাউল ভৰাই জুইত পুৰিলে বাঁহত থকা ছেলুল'জৰ অৱক্ষয় হয় আৰু উৎপন্ন হোৱা ফিনলিক এচিড আৰু অন্যান্য উপাদান সমূহ পিঠাগুৰি বা চাউলৰ লগত মিলি শৰীৰত মিলিত হয় । ই স্নায়ুতন্ত্ৰৰ লগতে হৃদপিণ্ডও সবল কৰি ৰাখে ।
        অতি ব্যস্ততা আৰু আধুনিকতাই নৱপ্ৰজন্মৰ মুখৰ জুতি থলুৱা খাদ্যৰ পৰিবৰ্তে বিদেশী খাদ্য লৈ পৰিবৰ্তন কৰিলে । গতিকে প্ৰতি গৰাকী মাতৃ বা নাৰীয়েই আমাৰ থলুৱা খাদ্যৰ গুৰুত্ব বুজি পৰিয়ালটিৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে । আমাৰ খাদ্যাভ্যাসেই আমাক কৰ'নাৰ লগত সহবাস কৰাত সহায়ক হ'ব বুলি আশা কৰিব পাৰি ।

পৃষ্ঠা ৮
চুতীয়া ৰাজ্য
 (প্ৰথম খণ্ড)

প্ৰণৱ ফুকন, নতুন দিল্লী

স্বাভাৱিকতে প্ৰশ্ন উঠে চুতীয়াসকলনো ক’ৰ পৰা আহিল ? কামৰূপৰ প্ৰথম বুৰঞ্জীমূলক ৰজা বুলি অভিহিত নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰাৰ সময়ত শোণিতপুৰত বাণৰজাই ৰাজত্ব কৰিছিল ৷ ৰাভাসকলে নিজকে বানৰজাৰ প্ৰধান সেনাপতি দদেৰ বংশধৰ বুলি কয় ৷ বাণৰজাৰ পতন হোৱাত প্ৰধান সেনাপতি শোনিতপুৰৰ পৰা আহি বৰ্তমান দুধনৈৰ দক্ষিণে কোনো এঠাইত নিজে ৰাজ্য  স্থাপন কৰি ৰাজত্ব কৰিছিল ৷ জনশ্ৰুতি মতে বাণৰজা কিৰাতবংশীয় আছিল ৷ মহাভাৰতৰ যুগৰ কুণ্ডিলৰ ৰজা ভীষ্মকো কিৰাতবংশী আছিল ৷ বুৰঞ্জীবিদ, নৃতত্ত্ববিদ আৰু প্ৰত্নতত্ববিদ সকলৰ মতে সৰু মূৰ, বহল কপাল, চকু সৰু, দাঢ়ি- গোফ কম থকা, ভৰিৰ তলুৱা চুটি, গাৰ বৰণ ঈষৎ হালধীয়া তিব্বতীয় মংগোলীয় মানুহ বৰ্তমান অসম, উত্তৰবংগ, দক্ষিণ নেপালত দেখিবলৈ পোৱা যায় ৷ পণ্ডিত সকলৰ মতে বৰ্তমানৰ বড়ো, কছাৰী, গাৰো, ৰাভা, ডিমাছা, তিৱা, মৰাণ, চুতীয়া, হাজং, কোচ এইকেইটা কছাৰী গোষ্ঠীৰ বুলি কোৱা হয় ৷

সমৰ ইতিহাসৰ তিনিটা যুগঃ
অসমৰ ইতিহাসক পণ্ডিতসকলে তিনি ভাগত ভগাইছে:
(১) দ্বাদশ শতিকালৈকে প্ৰাচীন কাল। কিয়নো সেই সময়ৰ ইতিহাস বিভিন্ন সমলৰ ওপৰত ভিত্তি কৰিহে নিৰ্ণয় কৰা হৈছে।
(২) ত্ৰয়োদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ আৰম্ভণিলৈকে মধ্য যুগ। এই সময়ত সুসংঘবদ্ধ ইতিহাস ৰচনাৰ ধাৰা প্ৰচলিত হয়।
(৩) ঊনবিংশ শতিকাৰ চতুৰ্থ দশকৰ পৰা নৱ যুগ। এই সময়তে অসমত নতুন শিক্ষাই পোহৰ বিলাবলৈ আৰম্ভ কৰে আৰু পূৰ্বৰ ধ্যান-ধাৰণাৰ ঠাইত নতুন চিন্তাৰ উদয় হয় ৷

প্ৰাচীন যুগৰ বিখ্যাত বৰ্মন বংশৰ আনুমানিক ৬৫০ চনত অৱসান ঘটাৰ পাচত শালস্তম্ভ বংশই কামৰূপত ৰাজত্ব কৰে ৯৯০ চনলৈকে ৷ তৎপশ্চাত প্ৰায় দেৰশ বছৰ কাল পাল বংশই ৰাজত্ব কৰে ৷ ১১৪২ চনত পাল বংশৰ পতনৰ পাচত কামৰূপৰ পশ্চিম ভাগৰ এক বৃহৎ অংশ পৃথুৱে ৰাজত্ব কৰে যদিও পূৰ্বৰ কামৰূপ খণ্ডিত হ’বলৈ ধৰে আৰু অনেক সৰু সৰু ৰাজ্যৰ সৃষ্টি হয় ৷ মধ্য অসমত ভূঞাসকল ক্ষমতাশালী হৈ পৰে ৷

চুতীয়া শক্তিৰ উত্থানঃ  কামৰূপৰ পূব খণ্ডত এক নতুন শক্তিয়ে জন্ম লয়। এই শক্তিৰে নাম হ’ল চুতীয়া জনগোষ্ঠী আৰু তেওঁলোকৰ ৰাজ্যৰ নাম হয় চুতীয়া ৰাজ্য ৷ চুতীয়া সকল বৃহৎ মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্ভূক্ত আৰু তেওঁলোকৰ মূল ভাষাটো বড়োসকলৰ ভাষাৰ সৈতে সাদৃশ্য আছে ৷ অৱশ্যে বৰ্তমানে কেৱল চুতীয়াসকলৰ পুৰোহিত শ্ৰেণী দেউৰী- চুতীয়াসকলৰ মাজতহে এই ভাষাৰ প্ৰচলন আছে ৷ চুতীয়াসকলৰ মাজত প্ৰচলিত ভাষাই  অসমীয়া ভাষাৰ জননী বুলিব পাৰি ৷ W. B. Brown-ৰ মতে ‘The Chutiya language “may fairly claim to be the original language of Upper Assam.” এই ভাষাৰ লিপিও গঢ় লৈ উঠিছিল আৰু ১২০৬ খ্ৰীষ্টাব্দৰ উত্তৰ গুৱাহাটীৰ কানাই বৰশি বোৱা শিলালিপিৰ ভাষা যদিও সংস্কৃত, লিপি আছিল অসমীয়া। ত্ৰয়োদশ শতিকাত আহোমসকলৰ আগমনৰ পাছত ৰাজ্যৰ প্ৰজাৰ লগত একাত্ম হোৱাৰ বাহনস্বৰূপে এই ভাষাকে গ্ৰহণ কৰা হয়, কিয়নো কেৱল এই ভাষাৰহে স্বকীয় লিপি আছিল ৷ এই ভাষাত টাই-আহোম শব্দৰ সংমিশ্ৰণত অসমীয়া ভাষাই গঢ় লৈ উঠে ৷

স্বাভাৱিকতে প্ৰশ্ন উঠে চুতীয়াসকলনো ক’ৰ পৰা আহিল ? কামৰূপৰ প্ৰথম বুৰঞ্জীমূলক ৰজা বুলি অভিহিত নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰাৰ সময়ত শোণিতপুৰত বাণৰজাই ৰাজত্ব কৰিছিল ৷ ৰাভাসকলে নিজকে বানৰজাৰ প্ৰধান সেনাপতি দদেৰ বংশধৰ বুলি কয় ৷ বাণৰজাৰ পতন হোৱাত প্ৰধান সেনাপতি শোনিতপুৰৰ পৰা আহি বৰ্তমান দুধনৈৰ দক্ষিণে কোনো এঠাইত নিজে ৰাজ্য  স্থাপন কৰি ৰাজত্ব কৰিছিল ৷ জনশ্ৰুতি মতে বাণৰজা কিৰাতবংশীয় আছিল ৷ মহাভাৰতৰ যুগৰ কুণ্ডিলৰ ৰজা ভীষ্মকো কিৰাতবংশী আছিল ৷ বুৰঞ্জীবিদ, নৃতত্ত্ববিদ আৰু প্ৰত্নতত্ববিদ সকলৰ মতে সৰু মূৰ, বহল কপাল, চকু সৰু, দাঢ়ি- গোফ কম থকা, ভৰিৰ তলুৱা চুটি, গাৰ বৰণ ঈষৎ হালধীয়া তিব্বতীয় মংগোলীয় মানুহ বৰ্তমান অসম, উত্তৰবংগ, দক্ষিণ নেপালত দেখিবলৈ পোৱা যায় ৷ পণ্ডিত সকলৰ মতে বৰ্তমানৰ বড়ো, কছাৰী, গাৰো, ৰাভা, ডিমাছা, তিৱা, মৰাণ, চুতীয়া, হাজং, কোচ এইকেইটা কছাৰী গোষ্ঠীৰ বুলি কোৱা হয় ৷ কিৰাতবংশীয় বড়োকছাৰী সকলে দীৰ্ঘকাল ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰিছিল বুলি অনেক পণ্ডিতে কয় ৷ ইয়াৰে চুতীয়াসকল উত্তৰ পশ্চিম কোনেদি আহি অসমত সোমায় ৷ যিহেতু বড়োকছাৰীৰ দুটা ঠালে দুটা দিশেদি অসমত প্ৰৱেশ কৰে, বুৰঞ্জীবিদ সকলে লুইতৰ উত্তৰ আৰু দক্ষিণ পাৰে দৰঙৰ পৰা ধুবুৰীলৈ তেওঁলোকৰ বসতি আছিল বুলি কয় ৷ মুঠতে যি ফালেদিয়েই নাহক কিয়, এটা কথা অনস্বীকাৰ্য যে তেওঁলোকেই হ'ল অসমৰ প্ৰথম ভূমিপুত্ৰ ৷

চুতীয়া ৰাজ্য পূবে ব্ৰহ্মকুণ্ডৰ পৰা পশ্চিমে সোৱণশিৰিৰ উপনৈ চিচি নদী, উত্তৰে বৰ্তমানৰ অৰুণাচলৰ ওখ পাহাৰ আৰু দক্ষিণে বুঢ়ীদিহিং নদী পৰ্যন্ত বিস্তৃত আছিল ৷ কোনো কোনো পণ্ডিতৰ মতে চুতীয়া ৰাজ্যৰ সীমা পশ্চিমে বিশ্বনাথ পৰ্যন্ত আছিল ৷ অৰুণাচলৰ পাহাৰৰ নামনিত চুতীয়াসকলৰ সভ্যতাৰ অনেক নিদৰ্শন উদ্ধাৰ হৈছে ৷ তত্ৰাচ চুতীয়াসকলৰ প্ৰাচীন ইতিহাসৰ বিষয়ে বিশেষ একো জনা নাযায় ৷ বহু জনশ্ৰুতি, গীত, মালিতা আদিৰ আধাৰত ক’ব পাৰি যে প্ৰাচীন কালৰ পৰা কামৰূপৰ সৌমাৰপীঠত চুতীয়া সকলৰ ৰাজ্য আছিল ৷ জনা গাভৰুৰ গীত এই ক্ষেত্ৰত বিশেষ ভাৱে উল্লেখযোগ্য ৷ বুৰঞ্জীবিদ ৺বেণুধৰ শৰ্মাদেৱৰ মতে জনাগাভৰু আছিল চুতীয়া জীয়ৰী, ছৈখোৱা ঘাটৰ ওচৰত থকা জনা পথাৰ তাৰ চিন ৷ আন বহুতো বুৰঞ্জীবিদৰ মতে জনা গাভৰু আছিল বীৰপালৰ আগৰ কোনো চুতীয়া ৰাজ্যৰ ৷ তেওঁ নিজ দক্ষতাৰ বলত সিংহাসনত বহিবলৈ সক্ষম হৈছিল বুলি জনা যায় ৷ যদি সেয়ে হয়, তেন্তে কামৰূপ/অসমত সিংহাসনত বহা তেওঁ একমাত্ৰ মহিলা আছিল ৷ এই বিষয়ে সঠিক গৱেষণাৰ যোগে এনে এগৰাকী মহীয়সীৰ স্মৃতি চিৰ স্মৰণীয় কৰাৰ প্ৰয়াস কৰা উচিত বুলি আমাৰ মনে ধৰে ৷ দ্বাদশ শতিকাৰ আগৰ চুতীয়া ৰাজ্যৰ বুৰঞ্জীৰ বিষয়ে বিজ্ঞজনে লেখিছে। আমি এই সম্পৰ্কত লেখাৰ ধৃষ্টতা নকৰিলোঁ ৷

দেওধাই অসম বুৰঞ্জীৰ মতে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল বা গয়াপাল আৰু তেওঁ সোৱণশিৰি নদীৰ উৎসৰ কাষত সোণাগিৰি পাহাৰত ৰাজধানী পাতিছিল ৷ তেওঁৰ পুত্ৰ গৌৰীনাৰায়ণ ওৰফে ৰত্নধ্বজ পালে ৰত্নপুৰ বা ৰতনপুৰত নতুন ৰাজধানী পাতে ৷ গৌড়দেশৰ ৰজাৰ সৈতে তেওঁৰ মিত্ৰতা আছিল আৰু নিজৰ এজন পুত্ৰক উচ্চ শিক্ষাৰ্থে তালৈ পঠাইছিল ৷ সেই সময়ৰ গৌড়ৰ ৰজা আছিল বিশ্বৰূপ সেন ওৰফে কেশৱ সেন ৷ ৰত্নধ্বজে সিন্ধুক্ষেত্ৰ নামে এখন নতুন ৰাজধানী সজাইছিল ৷ কথিত আছে যে গৌড়লৈ পঠোৱা কোঁৱৰৰ তাতে মৃত্যু ঘটে আৰু গৌড়ৰ ৰজাই কোঁৱৰৰ মৃতদেহ ৰত্নধ্বজলৈ প্ৰেৰণ কৰে ৷ ৰজাই সিন্ধুক্ষেত্ৰৰ কাম পৰিদৰ্শন কৰি থাকোঁতে তাতেই কোঁৱৰৰ মৃতদেহ আনি ৰজাৰ আগত দিয়া হয় ৷ মৃতদেহ বা মৰাশ দিয়াৰ বাবে সেই ঠাইৰ নাম শ-দিয়া বা শদিয়া হয় ৷ এই নগৰেই শেষলৈকে চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল ৷ দেওধাই বুৰঞ্জীৰ মতে বীৰপালকে ধৰি এঘাৰজন চুতীয়া ৰজাই দ্বাদশ শতিকাৰ শেষ ভাগৰ পৰা ষোড়শ শতিকাৰ প্ৰথম ভাগলৈকে ৰাজত্ব কৰিছিল ৷ কোনো কোনো পণ্ডিতৰ মতে সৰ্বমুঠ ৩৪ জন চুতীয়া ৰজাই ৰাজত্ব কৰাৰ উল্লেখ কোনো এখন বুৰঞ্জীত পোৱা যায় ৷ সেই ক্ষেত্ৰত চুতীয়া ৰাজ্যৰ স্থাপনা সপ্তম শতিকাতে হৈছিল বুলি অনুমান কৰিব লাগিব। কিন্তু এই বিষয়ে সমুচিত ঐতিহাসিক সমল উদ্ধাৰ হোৱা নাই ৷ গতিকে দেওধাই অসম বুৰঞ্জীৰ ভিত্তিতেই আমি আগবাঢ়িলোঁ৷

দ্বাদশ শতিকাৰ শেষভাগৰ পৰা চতুৰ্দশ শতিকাৰ মাজভাগলৈকে চুতীয়া ৰাজ্য আৰু ৰজাসকলঃ উপৰোক্ত তথ্যৰ ভিত্তিত আমি চুতীয়া ৰাজ্যৰ স্থাপনা দ্বাদশ শতিকাৰ শেষ ভাগত হৈছিল বুলি থাৱৰ কৰিব পাৰোঁ। অৱশ্যে সকলো পণ্ডিত ইয়াত এক মত নহয় ৷ চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা বীৰপাল বা বীৰবৰ সোৱণশিৰি নদীৰ উৎসৰ কাষত বাস কৰা ৬০টা চুতীয়া পৰিয়ালৰ মুৰব্বী আছিল ৷ নিজৰ বুদ্ধি আৰু অধ্যৱসায়েৰে তেওঁ ক্ৰমাৎ শক্তিশালী হৈ উঠে আৰু চুবুৰীয়া সামন্ত নেতা কিছুমানক পৰাভূত কৰি নিজৰ ৰাজ্য বিস্তাৰ কৰি “গয়াপাল” নাম লয় ৷ এনে নাম গ্ৰহণৰ পৰা অনুমান হয় যে চুতীয়াসকলৰ ওপৰত হয় হিন্দু সভ্যতাই প্ৰভাৱ পেলাইছিল, নতু ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ লগত একাত্ম হ’বলৈ বীৰপাল ওৰফে গয়াপালে প্ৰয়াস কৰিছিল ৷ সেই সময়ৰ আন এক শক্তিশালী জনগোষ্ঠী আছিল কছাৰীসকল ৷ সম্ভৱতঃ বীৰপালে কছাৰীসকলক দিচাং নৈৰ পশ্চিম দিশলৈ খেদি নিজৰ ৰাজ্য সুদৃঢ় কৰিবলৈ সক্ষম হৈছিল ৷ চুতীয়া ৰাজ্যৰ অঞ্চলত মহাভাৰতৰ যুগত কুণ্ডিল ৰাজ্য আছিল বুলি জনা যায় ৷ কুণ্ডিলৰ ৰজা আছিল ভীষ্মক; তেওঁৰে জীয়েক ৰুক্মিণীক বিৱাহ কৰাবলৈ শ্ৰীকৃষ্ণই শিশুপালক বধ কৰিছিল ৷ বীৰপালে নিজকে ভীষ্মকৰ বংশধৰ আৰু স্বৰ্গৰ ধন-সম্পত্তিৰ দেৱতা কুবেৰৰ গোত্ৰৰ বুলি ঘোষণা কৰে ৷ উল্লেখযোগ্য যে চুতীয়া সকলৰ মাজত প্ৰচলিত এক উপাখ্যান মতে কুবেৰে বীৰপালক এখন ঢাল, এখন তৰোৱাল আৰু এটা সোণৰ মেকুৰী উপহাৰ দিয়ে ৷ কুবেৰ প্ৰদত্ত সম্পদৰ ফলতেই বীৰপালে ৰাজপাট লাভ কৰে বুলি জনশ্ৰুতি আছে ৷

বীৰপালৰ পাছত পুত্ৰ গৌৰীনাৰায়ণ ওৰফে ৰত্নধ্বজ চুতীয়া ৰাজ্যৰ সিংহাসনত বহে ৷ এইজন অতি সুদক্ষ প্ৰশাসক আৰু নিপুণ যোদ্ধা আছিল ৷ কাষৰীয়া বঙালুগুৰি, কলাগুৰি, নীলগিৰি, চন্দ্ৰগিৰি বা চন্দনগুৰি আদি ঠাইৰ মুখীয়াল বা নায়কসকলক পৰাস্ত কৰি তেওঁ চুতীয়া ৰাজ্যৰ অধীন কৰে ৷ শ্বেতগিৰি আক্ৰমন কৰি তাৰ ৰজা ভদ্ৰসেনক পৰাভূত কৰি ভদ্ৰসেনৰ পুতেকক কৰতলীয়া ৰজা পাতে আৰু সেই অঞ্চলৰ পৰা বহুতো ব্ৰাহ্মণ আৰু ভাস্কৰ, স্থপতি আৰু শিল্পী-কাৰিকৰক আনি চুতীয়া ৰাজ্যৰ ঠায়ে ঠায়ে সংস্থাপিত কৰে ৷ ইয়াৰ পাচত তেওঁ চুতীয়া ৰাজ্যৰ গাতে লাগি থকা ন্যায়পালৰ ৰাজ্য আক্ৰমন কৰিবলৈ আগবাঢ়ে ৷ ভীতিগ্ৰস্ত হৈ ন্যায়পালে নিজৰ জীয়েকক চুতীয়া ৰজালৈ বিয়া দি মিত্ৰতা স্থাপন কৰে ৷

ৰত্নধ্বজে যুৱৰাজ বিজয়ধ্বজলৈ কমতা ৰাজ্যৰ ৰাজকুঁৱৰীক বিয়া দিবলৈ কমতা ৰাজলৈ কটকীৰ জৰিয়তে বাৰ্তা পঠায় ৷ কিন্তু কমতা ৰজাই (সম্ভৱতঃ সিন্ধু) এই প্ৰস্তাৱ অগ্ৰাহ্য কৰাত অপমানিত হৈ ৰত্নধ্বজে কমতা ৰাজ্য আক্ৰমণ কৰিবলৈ যোজা কৰি আলি বন্ধায় আৰু এলানি দুৰ্গ নিৰ্মাণ কৰায় ৷ এই বিশাল আয়োজন দেখি কমতা ৰাজে ভয় খাই জীয়েকক চুতীয়া কোঁৱৰলৈ দি মিত্ৰতা কৰে ৷ ৰত্নধ্বজে নতুন ৰাজধানী সিন্ধুক্ষেত্ৰ নিৰ্মাণ কৰোৱা আৰু সেই ঠাইৰ নাম শদিয়ালৈ ৰূপান্তৰিত হোৱাৰ কথা আগতেই উল্লেখ কৰা হৈছে ৷

চতুৰ্দশ শতিকাৰ মাজভাগৰ পৰা ষোড়শ শতিকাৰ প্ৰথম ভাগলৈকে চুতীয়া ৰাজ্যঃ ইতিমধ্যে চুতীয়া ৰাজ্যৰ দক্ষিণ সীমাত ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা আহোম ৰাজ্য শক্তিশালী হৈ পৰিছিল ৷ গতিকে দুয়ো ৰাজ্যৰ মাজত বিবাদ অৱশ্যম্ভাৱী হৈ পৰিছিল ৷ ১৩৬৯ খ্ৰীঃত চুতুফা আহোম ৰজা হয় ৷ ১৩৭৬ খ্ৰী:ত চুতীয়া ৰজাই প্ৰবঞ্চনা কৰি চৰানাও খেলিবলৈ মাতি নি ছফ্ৰাই নদীৰ মাজত  তেওঁক হত্যা কৰায় ৷ হংসধ্বজেই এইজন চুতীয়া ৰজা আছিল বুলি বুৰঞ্জীবিদসকলে কয় ৷  চুতীয়া ৰজাৰ উদ্দেশ্য বোধকৰোঁ আহোম ৰাজ্যত বিশৃংখলতাৰ সৃষ্টি কৰাই আছিল ৷ এই উদ্দেশ্য কিছু পৰিমাণে সফলো হৈছিল; কাৰণ পৰবৰ্তী চাৰি বছৰ আহোম ৰাজপাট শূন্য হৈ থাকে আৰু মন্ত্ৰীসকলেই কাম চলাই থাকে ৷ 

ক্ৰমশঃ

পৃষ্ঠাঃ ৯
ইংৰাজৰ আদালতত গান্ধীজীয়ে দিয়া
মহান উক্তি ফাকি

বীৰেশ্বৰ ৰাভা
গোৱালপাৰা
ফোন-- 9864916998
            
       ১৯২২ চনত কৰ বন্ধ আন্দোলন আৰম্ভ নোহোৱাত দেশৰ ইমূৰৰ পৰা সিমূৰলৈকে কেৱল নিৰাশাই দেখা দিছিল।  এই সুযোগতে চৰকাৰে গান্ধীজীক গ্ৰেপ্তাৰ কৰি ছয় বজালৈকে জেলত বন্দী কৰি ৰাখিছিল।  সেই সময়ত গান্ধীজীয়ে ভদ্ৰ পুৰুষৰ সাজপাৰ ত্যাগ কৰি দুখীয়া গাঁৱলীয়া কৃষকৰ দৰে থাকি মূৰত টুপী আৰু গাত চুৰীয়া চোলা একোৱেই পিন্ধা নাছিল।  ধুতিৰ নামত কেৱল কঁকালত কাপোৰ এখন মেৰিয়াই লৈছিল যিখন আঁঠুলৈকেও ঢুকি নাপাইছিল। সেই অৱস্থাতে তেওঁক আদালতলৈ  অনা হৈছিল। তথাপি তেওঁক দেখাৰ লগে লগে আদালতত উপস্থিত থকা সকলো ব্যক্তিয়েই থিয় হৈছিল। 
        গান্ধীজীয়ে ইংৰাজৰ আদালতত মোকৰ্দ্দমাৰ সময়ত মন্তব্য প্ৰকাশ কৰা সেই অমৰ উক্তি ফাকি আছিল এনে ধৰণৰ--"মই জানো যে, জুইৰ লগত খেলা কৰি আছোঁ। কিন্তু মই জানি বুজিয়ে এনে কৰি আছিলো  ; আৰু যদি আপুনি মোক কোনো শাস্তি নিদিয়াকৈ এৰি দিয়ে, তেতিয়া হ'লে মই আকৌ সেই কামেই কৰিম। মই জানো যে, মোৰ দেশবাসীসকলে কেতিয়াবা উন্মাদৰ দৰে কামো কৰিছে। তাৰ কাৰণে মই দুঃখিত। সেই কাৰণে মই আপোনাৰ পৰা কোনো ধৰণৰ লঘু শাস্তিৰ আশা নকৰোঁ। মাননীয় বিচাৰ পতি, আপোনাৰ আগত অকল দুটাহে পথ আছে। হয় আপুনি নিজৰ পদ ইস্তাফা দিয়ক নাইবা যিটো আটাইতকৈ গধুৰ শাস্তি হ'ব পাৰে তাকেই মোক দিয়ক।" 
       "অহিংসাৰ তুলাচনীত মোৰ আচৰণ জুখি চালে মোক সমৰ্থন কৰিবলৈ একো নাই। যিবিলাকে অস্ত্ৰ-শস্ত্ৰ লৈ ধ্বংসত লাগে আৰু যিসকলে "ৰেডক্ৰচ"ৰ কামত লাগে, তাৰ  মাজত একো পাৰ্থক্য নাই। দুয়ো যুদ্ধত অংশ লোৱা হয় আৰু যুদ্ধ উদ্দেশ্যত সহায় কৰা হয়। এই বাবে দু্যো যুদ্ধত অংশ লোৱা বাবে দায়ী।" -- এই উক্তি ফাকিও তেখেতৰেই।

পৃষ্ঠা ১০
বিহুৰ স্বকীয় বৈশিষ্ট্য
অটুট  আছেনে?

ৰূপা বৰা  দাস
কাকী হোজাই জিলা 
8099219628

বিহু এতিয়া  কেৱল  অসমতে  আৱদ্ধ হৈ থকা নাই । দেশে বিদেশে  কৰ্মৰ  সন্ধানত  থকা প্ৰতিজন  ব্যক্তিয়ে  বিহু  পালন  কৰে। বিহুয়ে  দেশী  প্ৰবাসী  সকলোকে  একগোট  কৰি  ৰাখিছে । নানা জাতি  ভাষা  গোষ্ঠীৰ  মানুহক  একত্ৰিত  কৰাত  বিহুৰ  অৱদান  অনবদ্য ।  

" ব'হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ;
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ। ”
গণশিল্পী ডঃ ভূপেন হাজৰিকাদেৱে তেওঁৰ এই কালজয়ী গীতটোৰ জড়িয়তে বিহু অসমীয়া জাতিৰ প্ৰাণ  আয়ুসৰেখা সেই কথা উনুকিয়াই থৈ গৈছে । অসমীয়া জনজীৱনৰ মাজত বিহুৰ ৰং ,আনন্দ-উল্লাসৰ,কথা প্ৰতিজন অসমীয়াৰ শিৰাই শিৰাই বিহুৰ স্বকীয় বৈশিষ্ট্য  প্ৰবাহিত হৈ আছে। বিহুৱে অসমীয়া মানুহৰ মনত  ৰং আনন্দৰ জোৱাৰ তোলে । স্বকীয় গুণ-গৰিমাৰে সমৃদ্ধ অসমীয়া জাতিৰ বিহুৰ এক সুকীয়া প্ৰকাশ আছে ।বাপতিসাহোন বিহুটি কৃষিজীৱী মানুহৰ আনন্দ-উল্লাস প্ৰকাশৰ অন্যতম পন্থা। অসমীয়া কৃষিভিত্তিক লোকসকলৰ উৎসৱসমূহৰ ভিতৰত বিহুৱেই শ্ৰেষ্ঠ । বিহু অসমীয়াৰ অতি আদৰৰ অতি চেনেহৰ ই জাতীয় উৎসৱ । অসমীয়া জনসমাজত বিহুৱে এক সুকীয়া স্থান দখল  কৰি আহিছে । বিহু চহা জীৱনৰ  লোকাচাৰ সমূহৰ লগত  জড়িত কিন্তু ই কৃষিভিত্তিক উৎসৱৰ পৰা উন্নত হৈ এক সামাজিক  উৎসৱলৈ ৰূপান্তৰ হৈ পৰিছে । আধুনিকীকৰণৰ ফলতে আঁহতৰ তলৰ বিহু গৈ মঞ্চত উঠিলগৈ । বিহুৰ যি সাত্ত্বিক গুণ তাৰো ক্ৰমান্বয়ে  অৱনতি ঘটিছে।  ব'হাগ বিহুক লৈ মাহেক যোৰা যি প্ৰস্তুতি দেখা গৈছিল তাৰো সম্পূৰ্ণ ওলোটা দৃশ্য পৰিলক্ষিত হৈছে । বৰ্তমান অসমীয়া সমাজত বিহুক লৈ পূৰ্বৰ দৰে উৎসাহ উদ্দীপনা  যেন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে । যান্ত্ৰিকতাত ডুব যোৱা অজলা সমাজে নিজ অস্তিত্ব হেৰুৱাই আধুনিকতাৰ গ্ৰাসত হৈ পৰিছে বেসুৰীয়া । যাৰ ফলত চহৰৰ কথা দূৰৰে গাঁৱতো বৰ্তমান বিহুৰ উল্লাস উদ্দীপনা  হ্ৰাস পাইছে যেন অনুভৱ হয় । গাঁৱৰ পৰিৱেশত ঢেঁকীৰ শব্দ, চিৰা, পিঠা, সান্দহ নোহোৱা হ'ল । তাঁত শালৰ খট্-খট্ শব্দও গাঁৱত দুৰ্লভ হৈ পৰিল। বিহুগীতৰ স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰা কঠিন হৈ পৰিছে । বৰ্তমান  সময়ত ভাষা, সংস্কৃতিলৈ সংকট আহিব ধৰিছে এনে সন্ধিক্ষণতো যদিহে অসমীয়া লোকসকলে নিজ সংস্কৃতিক লৈ সতৰ্ক নহয় তেনেহ'লে কিছু দিনৰ পিছত অসমত যে এক ঐতিহ্যপূৰ্ণ সংস্কৃতিৰ ভঁৰাল আছিল তাৰ উল্লেখ পাবলৈও কঠিন হৈ পৰিব । বিহুকে আদি কৰি অসমীয়া সমাজৰ উৎসৱসমূহৰ সমাদৰ ক্ৰ'মান্বয়ে কমি আহি বাহিৰাগত উৎসৱসমূহক আদৰি ল'বলৈ ধৰিছে।এনেধৰণে অধঃনমিত হৈ পৰা সংস্কৃতিয়ে অসমীয়া পৰম্পৰাগত উৎসৱসমূহৰ ক্ষেত্ৰত হেঙাৰ হৈ দেখা দিছে। সাম্প্ৰতিক সময়ত এনে কিছু সস্তীয়া  উৎসৱ পালন কৰিবলৈ ধৰিছে যাৰ ফলত অসমীয়া পৰম্পৰাগত উৎসৱসমূহে বিকৃত ৰূপ ধাৰণ কৰিবলৈ লৈছে। আন আন উৎসৱসমূহৰ লগতে বিহুৰ ক্ষেত্ৰতো এনে বহুতো অপ-সংস্কৃতিৰ  প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । আমাৰ পৰম্পৰাগত বিহুত ব্যৱহৃত গামোচাৰ পৰা ধৰি পিঠা-পনা লৈকে প্ৰায়বিলাক সামগ্ৰীয়েই বাহিৰৰ পৰা অনা হয়। পূৰ্বৰ দৰে অসমীয়া সমাজৰ বহুত  ৰীতি -নীতি  হ্ৰাস পাবলৈ ধৰিছে । অন্যান্য উৎসৱ সমূহৰ দৰেই বিহুৰো ৰূপ সলনি হ'বলৈ ধৰি বৰ্তমান সময়ত ন- ৰূপত প্ৰতিষ্ঠিত হৈছে । গছৰ তলৰ বিহু গৈ মঞ্চ পালেগৈ। জেং বিহুৰ মাদকতা হ্ৰাস হ'ল। ঠিক তেনেদৰে বিহুত ব্যৱহৃত গামোচাও বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হৈছে। বহাগ বিহুৰ বাহিৰেও আন দুটা বিহুৰ ক্ষেত্ৰতো ইয়াৰ স্বৰূপ সলনি হোৱা দেখা যায় । 

অসমীয়া সমাজত কৃষিভিত্তিক উৎসৱসমূহৰ উপৰিও অন্যান্য বহুতো উৎসৱ পালন কৰা হয়। বিশেষকৈ অসমীয়া গাৱলীয়া সমাজ-জীৱনত ইয়াৰ সুন্দৰ প্ৰতিচ্ছবি পৰিলক্ষিত হয় । সময়ৰ সোঁতত প্ৰায় সকলো সলনি হ'বলৈ ধৰিছে । ইয়াৰ স্বকীয় বৈশিষ্ট্য সলনি হ'বলৈ ধৰি নতুন ৰূপ ধাৰণ কৰিছে । এনেদৰে বিহুকে সামৰি অন্যান্য উৎসৱসমূহৰ যি সাল-সলনি হৈ ন- ৰূপ ধাৰণ কৰিবলৈ লৈছে এই পৰিৱৰ্তনে অসমীয়া সমাজ জীৱনক প্ৰভাৱিত কৰাৰ লগতে পৰৱৰ্তী সময়লৈ এই উৎসৱসমূহৰ  স্বকীয় বৈশিষ্ট্য  থাকিবনে ? সেই ক্ষেত্ৰতো সংশয় আহি পৰিছে। আধুনিকতাৰ অত্যাধিক প্ৰভাৱ বিস্তাৰে বহুক্ষেত্ৰত উৎসৱসমূহৰ  সুশ্ৰী জনপ্ৰিয়তাৰ লগতে ইয়াক পালন কৰাৰ প্ৰৱণতা হ্ৰাস পাবলৈ ধৰিছে । ইয়াৰ ফলত এই উৎসৱসমূহ অসমীয়া সমাজৰ পৰা লুপ্তপ্ৰায় হৈ গৈ আছে ।  আমি যদিহে এই ব্যৱস্থা সমূহক লৈ সচেতন  নহওঁ, হয়তো সময়ৰ সোঁতত এইবোৰ এদিন নিঃশেষ হৈ যাব । 
 
বিহু  সম্পৰ্কে  মোৰ  দুটামান  অভিমত প্ৰকাশ  কৰিব  বিচাৰিছোঁ । বিহু এতিয়া  কেৱল  অসমতে  আৱদ্ধ হৈ থকা নাই । দেশে-বিদেশে  কৰ্মৰ  সন্ধানত  থকা প্ৰতিজন  ব্যক্তিয়ে  বিহু  পালন  কৰে। বিহুয়ে  দেশী,  প্ৰবাসী  সকলোকে  একগোট  কৰি  ৰাখিছে । নানা জাতি-ভাষা-গোষ্ঠীৰ  মানুহক  একত্ৰিত  কৰাত  বিহুৰ  অৱদান  অনবদ্য।

অসমৰ  নতুন প্ৰজন্মৰ শিল্পীসকলে  ভূপেনদাৰ পৰা আদি  কৰি জুবিন,পাপন, প্ৰিয়ংকা,  অনুপম, কৃষ্ণমণি , মানস ৰবীন,  বৰ্ণালী,  ভিতালী,  জুবলী  আদি  কৰি  সকলো  শিল্পীয়ে বিহুক হিয়াৰ আমঠু  কৰি বিশ্ববাসীৰ আগত দেশৰ  ৰাইজৰ আগত  প্ৰতিষ্ঠা  কৰিবলৈ  নিজৰ কণ্ঠৰ সুৰ  নিগৰাই চিনাকি কৰাই দিছে । তেওঁলোকলৈ মোৰ তৰফৰ পৰা অশেষ শুভ কামনা জনাইছোঁ।  লগতে  যিসকল খ্যাত অখ্যাত ব্যক্তিৰ নাম এইসময়ত  মই  ল'ব পৰা নাই তেখেতসকলে ক্ষমা কৰিব। তেওঁ লোকৰ অবদানকো  নমস্কাৰ জনাইছোঁ । জনমে  জনমে  আশা  কৰিম শিল্পীসকলে  বিহুৰ  মাদকতা  আৰু  মহত্ব  বৰ্তাই  ৰাখিব।

কাৰণ, দুখৰ  বিষয়  এই যে   আহোমৰ ডা-ডাঙৰীয়াসকলে  ৰংঘৰ  বাকৰিত   বিহুক  ৰাজকীয়  ভাবে  পালন কৰিছিল । কিন্তু বৃটিছে  যেতিয়া অসমত শাসন কৰিছিল তেওঁলোকে  বিহুক  এলাগী  কৰিবৰ  নিমিত্তে  অসমীয়া জাতিক  নিঃশেষ  কৰিব  বাবে বিহুক নিষিদ্ধ ঘোষণা কৰিবলৈ  আৰ্জি  পেছ  কৰিছিল।বৃটিছ  আমাৰ  জাতিৰ  শত্ৰু।

ব্ৰিটিছৰ দৰে এনে শত্ৰু  আজিৰ  তাৰিখতো নথকা নহয় । আজিৰ  তাৰিখত  অসমৰ  ভাষা  সংস্কৃতি  সংকটৰ  গৰাহত  পৰিছে এই সময়ত  যদি  অসমীয়া  জাতিয়ে  নিজৰ কৃষ্টি-সংস্কৃতিক  লৈ  সতৰ্ক  নহয় । এদিন  এনে  সময়  আহিব । অসমীয়া  এটা  স্বকীয় বৈশিষ্ট্য  মহিমামণ্ডিত   জাতি  আছিল বুলি ঐতিহ্যময় সংস্কৃতি ভঁৰাল  আছিল বুলি ক'বলৈ একোৱেই  নাথাকিব।বিহুৰ আদৰ কমি অহা পৰিলক্ষিত হৈছে । বিহুৰ  বিকৃত ৰূপৰ  ধাৰণা  দিবলৈ  বহুতে যত্ন কৰি আছে। সেয়ে বিনম্ৰতাৰে সজাগ আৰু সচেতন হ'বলৈ আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ ।

পাশ্চাত্য সংস্কৃতিৰ কুপ্ৰভাৱত  প্ৰভাৱিত হৈ বিহুতকৈ ইংৰাজী  নৱবৰ্ষ পালনত ধুম বেছিকৈ  উঠা  দেখা পোৱা গৈছে । বিহুত বিহুৱান  পিঠা-পনা  আদৰতকৈ  গ্ৰীটিংছ  কাৰ্ডৰ আদৰ বাঢ়িছে । ই চিন্তনীয় বিষয় হৈ পৰিছে । তাৰ পাছত  বহুজাতিক কোম্পানীৰ সামগ্ৰীৰ বিজ্ঞাপনত বিহুক বিকৃত ৰূপত উপস্থাপন কৰা দেখা গৈছে ।

আদিম যুগৰ পৰাই নানা বিৱৰ্তনৰ মাজেৰে  বিহুৰ  উল্লাস উদ্দীপনাই  লানি  নিছিগা ফল্গুধাৰাহৈ বৈ  আহিছে। আমাৰ সাতাম পুৰুষীয়া বিহুৰ এই বোৱাতী ধাৰা অনন্তকাল লৈ অটুট  থাকক  অক্ষত  থাকক। তাৰেই  কামনা  কৰিছোঁ।

পৃষ্ঠা ১১
ধাৰাবাহিক উপন্যাসঃ

অভিশ্ৰুতি

চয়নিকা বৰুৱা, যোৰহাট

(যোৱা সংখ্যাৰ পিছৰ পৰা)

খণ্ড ২০

• দাদা তই..! তই আকৌ আমাক এতিয়া বিয়া পাতিব নালাগে বুলি কিয় ক'লি ?
•কাৰণ তই ভালদৰে সুস্থ হ'বলৈ এতিয়াও বহুত সময় লাগিব।
•ঋতু...মই শ্ৰুতিক ভালদৰেই...
•মই বুজিছোঁ অভি। কিন্তু সেইখন ঘৰত পোৱালিয়ে অকলে অকলে সকলোবোৰ কাম কেনেকৈ কৰিব।
•যদি বিয়াৰ পাছত মাজনী সুস্থ হোৱালৈকে ইয়াত থাকিলে অভিৰ আপত্তি নাই তেন্তে কথাবোৰ আলোচনা কৰিব পাৰোঁ।
দাদায়ে কৈ থকা কথা কেইটাৰ মাজতে মায়ে আহি কোৱা কথাষাৰ শুনি মোৰ মনত এক বুজাব নোৱাৰা অনুভৱ। আস্ ইমান বছৰৰ আমাৰ আশাবোৰ পূৰ হোৱা দিশে।মাৰ কথাত সন্মতি জনাই অভিয়ে এজন পুৰোহিতক মাতি আনিলে। আমাৰ ঘৰৰ সকলোৱে আৰু অভিৰ মামীয়েককো মাতি আনি সকলোৱে বিয়াৰ কথা আলোচনা কৰিলে। পুৰোহিত গৰাকীয়ে সকলো কথা চালি-জাৰি চাই এসপ্তাহৰ হে সময় দিলে। অৰ্থাৎ আজি সোমবাৰ গৈ অহা সোমবাৰলৈ আমাৰ বিয়া। মনত এক বুজাব নোৱাৰা অনুভৱ। সময় কম যদিও দেউতায়ে সন্মতি দিলে। কাৰো একো আপত্তি নাই। লগেলগে মায়ে ভণ্টীক ফোন কৰি ঘৰলৈ মাতিলে। তাই কাইলৈ আহিব।
ভণ্টিয়েও মই পঢ়ি কলেজ ডেবিচৰণ বৰুৱা ছাত্রী মহাবিদ্যালয় চমুকৈ ক'বলে গ'লে ডি.চি.বি কলেজত পঢ়ে।
ভণ্টীৰ লগত কথা পতাৰ পাছত মায়ে ভাতৰ যোগাৰ কৰিলে। সকলোৱে ভাত খায় ঘৰলৈ বুলি বাট ল'লে। তেখেতো গ'ল গৈ। মই অলপ সময় বিছনাখনতে বাগৰি দিলো আৰু কেতিয়ানো টোপনি গ'লো একো গমেই নাপালো। মই সাৰ পোৱালৈ সন্ধিয়া ৭ মান বাজিলেই। আজি মই প্ৰাৰ্থনা কৰিবলৈ নাপালোঁ। মায়ে আনি দিয়া গাখীৰ গিলাচ খালোঁ। গাখীৰ গিলাচ খাই ইটো-সিটো কাম কৰি থাকোঁতেই কেতিয়ানো ১০ বাজিল গমেই নাপালোঁ। ৰাতিৰ ভাতসাজ খাই মই মোৰ বিছনালৈ আহিলোঁ আৰু আহিয়েই হাতত ফোনটো তুলি ল'লোঁ। কৰোঁ নকৰো কৈ মই তেওঁলৈ ফোন কৰিলোঁ।
• Hello...miss...
• ভাত খালে নে ?
• উম...তুমি ?
• অলপ অাগত
• কি কৰিছা ?
•শুবলে আহিছোঁ।
•উম...
• আপুনি কি কৰিছে ?
•মই এনেই আছো।
পিছে আজি তোমাৰ মোলৈ লাজ লগা নাই নেকি ?
টুট্ টুট্ 
ফোনটো কাটিয়েই দিলোঁ। কিমান সাহস গোটাই কথা পাতি আছিলোঁ। তেওঁৰনো কি দৰকাৰ আছিল লাজৰ কথা ক'বলৈ। এতিয়াহে বেছি লাজ লাগিছে। মুখৰ ভিতৰতে কথাবোৰ কৈ কৈ ফোনটো আকৌ এবাৰ চালো। দেখিলো মেছেজ এটা। মেছেজত লিখা আছে--
Hey miss...tumar kintu lajtu dei...manisu aru. Eman bosor hoi gol tothapiu tumar laj nokomil . Thik ase biar pasot dekha jbo ei laj tu, Monot rakhiba Miss Srutishna...
.Good Night
মেছেজটো দেখি আৰু হে লাজ লাগিল। মই কিন্তু ৰিপ্লাই নিদিলোঁ আৰু ফোনটো আঁতৰত থৈ নিদ্ৰা দেৱীৰ কোলাত মগ্ন হ'লোঁ।
চাওঁতে চাওঁতে এদিন দুদিনকৈ সম্পূৰ্ণ সাত দিন পাৰ হ'ল। আজি দেওবাৰ কাইলৈ মোৰ বিয়া। ঘৰৰ সকলো আহিল মোৰ বিয়া বুলি। সকলোৰে মনত অপাৰ আনন্দ। বিশেষ ভাবে মোৰ মৰমৰ আইতাৰ। আজিও আকৌ দিনতো সোনকালেই পাৰ হৈছে। ঘড়ী কাটাডাল বেছি সোনকালে চলা নিছিনা লাগিছে। যিমানেই সন্ধিয়া লাগি আহিছে মোৰ ভয় বাঢ়ি গৈ আছে। বিয়াৰ আগত ভয় লগাতো স্বাভাৱিক কথা। চাওঁতে চাওঁতে ৰাতিয়েই হ'ল। আজি ভাত সকলোৱে মিলি জুলি ৰান্ধিলে। আমি সকলোৱে ভাতো খালোঁ। ভাত খাই বেছি দেৰি নকৰি তেওঁক শুভৰাত্রি বুলি কৈ মই শুই পৰিলোঁ।
ৰাতিপুৱা সোনকালেই উঠিলো। আজি আমাৰ বিয়া। কথাটো বিশ্বাসেই হোৱা নাছিল। সকলোবোৰ যেন সপোন সপোন লাগিছিল।কিন্তু এইয়াই বাস্তৱ। ৰাতিপুৱাৰ সকলোখিনি নীতি নিয়ম কৰা হ'ল। জোৰোণ আহিও পালেহি। অভিৰ মামীয়েকেই মোক জোৰোণ পিন্ধাইছে। হাতত সোণৰ খাৰু, আঙুঠি,  ডিঙিত সোণৰ অলংকাৰ, কাণত সোণৰ ফুলি গাত পাতৰ সাজ, কপালত ৰঙা ফোট আৰু মোৰ শিৰত তেওঁৰ নামৰ সেই ৰঙা সেন্দূৰ। মই আজি ছোৱালীৰ পৰা বোৱাৰীৰ ৰূপ ল'লো। দৰাঘৰৰ মানুহখিনিয়ে মোক জোৰোণ পিন্ধাই খোৱা-বোৱা কৰি ঘৰলৈ ওভতিল। দিনটোত আজি সকলো ব্যস্ত। গাঁৱৰ মানুহ আহিল, গ'ল। চাওঁতে চাওঁতে সন্ধিয়া পানী তুলাৰ সময় হ'ল। পানী তুলি মোক গা-ধুৱাই ৰাতিৰ নিয়মখিনিলৈ বুলি সাজু কৰিলে। নামতিসকলে গোৱা বিয়া নামবোৰ শুনি মোৰ চকুৰ পানী বৈ আহিল।
এতিয়া ৰাতি প্ৰায় ১১ বাজিল। দৰা আহিলে আহিলে বুলি সকলোৱে চিঞৰিবলৈ ধৰিলে।
• বা, দৰা আহিলেই। হাঃ হাঃ হাঃ।
• তেওঁ গাড়ীৰ পৰা নামিলেই নেকি ?
• ইছ তোক এতিয়া কিয় লাগে ? একেবাৰে ৰ'বই পৰা নাই। যাওঁ যাওঁ লাগিলেই।
•ধেৎ যি তি কথা কৈ নাথাকিবি। মই তোক কেৱল...।
•হ'ব। দৰা আহি ৰভাতলত হাজিৰ। তোক নিবলৈ আহিবই এতিয়া।
এনেতে বিকি দা আহিলে কইনা খুজিবলৈ। ভায়েক বুলিবলে একমাত্র বিকি দায়েই আছে। কইনা খোজা ধেমালিবোৰ পাৰ হৈ গ'ল। মোক ৰভাতলিলৈ লৈ গ'ল। তেওঁৰ কাষতে বহুৱালে।
•Hey miss...
...I love you
হে ভগৱান কি কৈ দিলে বাৰু। ওচৰত যে মানুহ আছে সেই কথাও পাহৰি গ'ল। মই লাজতে একো উত্তৰ নিদিলো। এটি এটি কৈ আমাৰ বিয়াৰ সকলো নিয়ম শেষ হ'ল। অগ্নিক সাক্ষী কৰি আমাৰ বিয়াখন সম্পন্ন হ'ল।
এইদৰেই দুটি জীৱন চিৰ দিনলৈ এক হ'ল। শ্ৰুতিস্নাই অভিশ্ৰুতৰ উপাধি লৈ শ্ৰুতিস্না কাশ্যপলৈ পৰিৱৰ্তন হ'ল। চাওঁতে চাওঁতে  অভিশ্ৰুত আৰু শ্ৰুতিস্নাৰ বিবাহৰ সম্পৰ্ক ২৫ বছৰত ভৰি দিলে। তাহাঁতৰ এজনী মৰম লগা ছোৱালীও আছে। বৰ্তমান তাই ২৩ বছৰত ভৰি দিলে। মাক দেউতাকৰ দৰে তাইৰো এক প্ৰেম কাহিনীয়ে নতুনকৈ গঢ় লৈছে। আমি সকলোৱেই জানো যে প্ৰেমত সংঘাত আছেই। নতুনকৈ প্ৰেমৰ অনুভৱ কৰা অভি আৰু শ্ৰুতিৰ ছোৱালীজনীয়ে মাক-দেউতাকৰ দৰে প্ৰেমত সফল হ'ব পাৰিব নে নাই সেই কথা নাজানো। মাথোঁ এটা কথায়েই জানো, নতুন প্ৰেমৰ অনুভূতিৰে জীৱন বাটত খোজ পেলাই এক নতুন কাহিনী সৃষ্টি কৰাৰ দিশত আজি অভিশ্ৰুত আৰু শ্ৰুতিস্নাৰ একমাত্র মৰমৰ জীয়ৰী অভিশ্ৰুতি।

॥সমাপ্ত॥


পৃষ্ঠা ১২
পোছাকৰ আঁৰৰ মানুহজন

শিখামণি গগৈ, দুলীয়াজান

(যোৱা সংখ্যাৰ পিছৰ পৰা)

খণ্ড=৩

:: কি হ'ল ইন্সপেক্টৰ ছাৰ, স্বপ্না ৰঞ্জনীৰ নাম শুনাৰ পিছতে ঠেঁটুৱৈ ধৰা জাৰত ঠৰঙা লগা  কপৌৰ দৰে জঠঙা হৈ গ'ল যে !
ল'ৰাটোৰ মাতত হে অতীতৰ ভাৱ সাগৰৰ পৰা  সম্বিত ঘূৰি আহিল অসীম চলিহাৰ।
:: হুম উমম।
:: কটকী ,দাস ভেবা লাগি কি চাই আছে আপোনালোকে, এইফালে? যাওক ইয়াৰপৰা। নিজৰ নিজৰ কামত ধৰক গৈ। ইয়াৰ ব্যৱস্থা মই অকলেই কৰি আছোঁ।
ছাৰৰ হুংকাৰ শুনি  লগে লগেই কটকী আৰু দাস আঁতৰি গ'ল। ঠাইতে উচপিচ কৰি ৰৈ থাকিল মাথোঁ বড়া।স্বপ্না ৰঞ্জনীৰ লগত সাতবছৰৰ আগত ছাৰৰ কি সম্পৰ্ক আছিল ৰহস্যৰ কিবা ভূ-পায় নেকি ল'ৰাটোৰ মুখৰ পৰা ,জানিবলৈকে ...।
:: ছাৰ তামোল এখন খাব নেকি ? অলপ লেনিয়াইয়ে মাতষাৰ উলিয়ালে বড়াই। স্বপ্নাৰ নাম শুনাৰ পিছৰে পৰা সেই কলংকিত অধ্যায় মনত পৰি শৰীৰৰ ভিতৰৰ পৰা ঘামি থকা অসীম চলিহাৰ বড়াৰ এই লেনিয়া মাতত, খং এইবাৰ দুগুণে চৰিল।
:: মই কি কৈছো শুনিছেনে নাই আপুনি। যাওক বুলিছোঁ নহয় ইয়াৰ পৰা। সোনকালে যাওক। নিজৰ কামত ধৰক গৈ।
:: আচলতে ছাৰ, কটকী আৰু দাসকহে  আপুনি যাব কোৱা শুনিলোঁ। মোক কোৱা নুশুনিলোঁ যে সেয়েহে মই ভাবিলোঁ...।
:: ব..ড়া উচ্চস্বৰত তীব্ৰ উত্তেজনাত কঁপি চিঞৰি উঠিল এইবাৰ অসীম চলিহা।
:: গৈছো , গৈছো ছাৰ।একেবাৰে নৰম সুৰত কৈয়ে এখোজ দুখোজকৈ আঁতৰি আহিল বড়া।
::হুঁহ। এতিয়া ক। কি কৈ আছিলি ? স্বপ্না ৰঞ্জনী তোৰ কোন হয় ? তাই ক'ত আছে এতিয়া ? চলিহাৰ মগজুটোত পোকৰ দৰে কিলবিলাই থকা প্ৰশ্নসোপা মনৰ অজানিতেই ওলাই আহিল মুখৰ পৰা।
:: মাটিৰ লগত।
::কি ? কি মাটিৰ লগত ?আশ্চৰ্যত ভ্ৰুযুগল কোঁচাই ল'ৰাটোৰ মুখলৈ চাই অতিশয়  উদগ্ৰীৱ হৈ সুধিলে চলিহাই।
:: হয়, মোৰ বা স্বপ্না কেতিয়াবাই মিলি গ'ল মাটিৰ লগত। কিন্তু মোক, মোৰ অজলা মা-দেউতাহালক তাই   দি থৈ গৈছিল এটি অবুজ সাঁথৰ । মাথোঁ তাই  ডায়েৰীত লিখা কেইটামান আখৰে। সেই আখৰ পঢ়ি কিছু বুজা নুবুজাৰ বয়সতে কিন্তু মই কান্ধ পাতি লৈছিলোঁ তেতিয়াই, এটি গধুৰ দায়িত্ব।
অলপ আগত খঙত জ্বলি-পকি কটকী বড়াহঁতক লকআপৰ কাষৰ পৰা খেদি পঠোৱা অসীম চলিহাই কথাবোৰ শুনি ল'ৰাটোৰ চকুলৈ চাই ৰৈছিল বিস্ময়  দৃষ্টিৰে। বুকুখনো কঁপিছিল অবাঞ্ছিত  বিপদ চকুৰ সন্মুখতে দেখি এক অজান শংকাত।
ঠিক। ঠিক এই ল'ৰাটোৰ মুখখন দেখাত একেবাৰে সেই স্বপ্নাৰ নিচিনাই।
"স্বপ্না ৰঞ্জনীক আপোনাৰ মনত আছে নে নাই মই নাজানোঁ ইন্সপেক্টৰ ছাৰ ।কিন্তু স্বপ্না ৰঞ্জনীৰ ডায়েৰীৰ পাতত আপোনাৰ নাম সন্নিবিষ্ট হৈ থকাৰ বাবেই মই আপোনাক বিচাৰি এই চহৰলৈ  আহিবলৈ বাধ্য হ'লো।"
স্বপ্নাৰ ডায়েৰী পাতত "অসীম চলিহাৰ" নিজৰ নাম, কথাষাৰ শুনিয়েই অন্তৰাত্মা কঁপি উঠিল । মুখৰপৰা টু শব্দ এটা কৰিবলৈও সাহস হোৱা নাই এতিয়া চলিহাৰ। বাৰে বাৰে সেপ ঢুকিছে চলিহাই  শুকাই যোৱা ডিঙিৰ নলীৰ ডাল তিয়াবলৈ। নাসিকানলীয়ে উশাহ-নিশাহ সলাবলৈও যেন পাহৰি গৈছে। চাই আছে মাথোঁ  বিপদৰ সংকেত পাই ,চলিহাৰ ভয়াৰ্ত মুখমণ্ডলৰ অৱস্থাৰ দেখি দুৰ্বলতাৰ উমান পাই, অনৰ্গল কথা কৈ যাব বিচৰা ল'ৰাটোৰ মুখায়ৱলৈ।
"বৰ আশাৰে মোৰ বা জনী গুৱাহাটী চহৰলৈ পঢ়িবলৈ আহিছিল। মই বাতকৈ যথেষ্ট সৰু আছিলো যদিও বুজিছিলো বাৰ পঢ়াৰ প্ৰতি ধাউতি কিমান আছিল।মা-দেউতাই তাইক বাধা দিছিল গুৱাহাটী চহৰলৈ যাব নালাগে বুলি। স্থানীয় কলেজতে নাম লগাই ভালকৈ পঢ়িব কৈছিল। কাৰণ মা-দেউতাই ভয় খাইছিল ছোৱালী এজনী মাক-দেউতাকৰ পৰা  আঁতৰত থাকিলে নানা কাৰণত অসুবিধা হ'ব বুলি।বায়ে কিন্তু নামানিছিল মা-দেউতাৰ কথা। "তাই ছোৱালী হ'লেও এজোপা গছ হৈ থাকিব এই পৃথিৱীত । লতা হৈ বগাব নোখোজে ।" এনেধৰণৰ যুক্তি দেখুৱাই মাক-দেউতাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল গুৱাহাটীত পঢ়িবলৈ আহিবলৈ।
মা-দেউতাইও সমানে তাইক বুজাইছিল "গছো কেতিয়াবা উভালি পৰে মাজনী আৰু তই কোৱাৰ দৰে লতাৰ নিজস্বতা নথকা নহয়। চিধাকৈ ওপৰলৈ মেলি দিলে গছতকৈ লতা ওখ হে হয়। কিন্তু কোনেও ক্ষতি নকৰাকৈ ওখ হৈ বগাবলৈ ভাল স্থান লাগিব লতাক। এই কথাও মনত থ'বি।
তাই পুনৰ কৈ উঠিছিল "লতা ওখ হ'লেও লতাক সদায় গছৰ সহায় লাগে। মই  কাৰো ওপৰত ভৰসা নকৰাকৈ নিজে নিজৰ ভৰিত থিয় দিব খোজো। আজিকালিৰ ছোৱালীয়ে অসমৰ বাহিৰততো বাদেই , বিদেশত গৈ অকলে লিখা-পঢ়া কৰেগৈ। গতিকে তাই যাবই গুৱাহাটীলৈ। অৱশেষত তাইৰ যুক্তিত মা-দেউতাইও হাৰ মানিছিল।পঢ়িবলৈ পঠাই দিছিল ইয়ালৈ তাইক।
কিন্তু এই চহৰলৈ পঢ়িবলৈ অহা বাৰ,ক'ত কি ভুল হ'ল নাজানোঁ। দুবছৰ দিন তাই ভালকৈয়ে পঢ়া-শুনাবোৰ কৰি আছিল। হঠাতে এদিন একো খবৰ নিদিয়াকৈ নিজৰ পঢ়া-শুনা  এৰি টালি-টোপোলা বান্ধি নি ঘৰ ওলাইছিল গৈ। মা-দেউতা আৰু মই তাই এই সিদ্ধান্তত হতভম্ব হৈছিলো। আশ্চৰ্যভৰা কথাৰে উপৰ্যুপৰি তাইক প্ৰশ্ন কৰিছিলো আমি তিনিওটাই।
আমাৰ ওপৰা-ওপৰিকৈ কৰা প্ৰশ্নবোৰৰ উত্তৰ দিছিল তাই অতি চুটি চুটিকৈ "মন নাই আৰু পঢ়িবলৈ।" "তাত থাকি ভাল নালাগিল।" ইত্যাদি ইত্যাদি কথা কৈ আমাৰ পৰা ফালৰি কাটি আঁতৰি থাকিছিল তাই প্ৰায়। মনটো মাৰি ৰূমৰ ভিতৰতে সোমাই থাকিছিল অনবৰতে। লাহে লাহে খোৱা-বোৱা বোৰো কমি আহিছিল। মা-দেউতা চিন্তাত পৰিছিল তাইক লৈ বাৰুকৈয়ে। দুশ্চিন্তাই বাহ বান্ধিছিল হয়তো মাৰ মনত বাৰুকৈয়ে। সেয়েহে বাক এবাৰ ডাক্টৰক দেখুওৱাৰ কথা পাতিছিল দেউতাৰ লগত।
মাৰ কথাত বাৰ কাৰণে চিন্তিত হৈ থকা দেউতাইও সন্মতি জনাই, ডাক্টৰৰ এপইণ্টমেণ্ট লৈছিল, লগে লগেই। পিছদিনাখনেই ডাক্টৰক দেখুওৱাৰ কথা বাক।
পুৱা বহু বেলিলৈকে  বিছনাৰ পৰা বা উঠি নহাত, মায়ে তাইক জগাবলৈ গৈছিল। বাৰ বিছনাৰ কাষৰ পৰা তাইক কেইবাবাৰো মাত দি,  মাত নোপোৱাত মায়ে বাৰ গাটো জোকাৰি দিওঁতেহে দেখিছিল শেঁতা পৰি একেবাৰে জঠৰ হৈ আছিল তাইৰ দেহটো। 
মাৰ গগণ ফলা চিঞৰত দেউতা আৰু মই দুয়ো উধাতু খাই দৌৰি গৈ কোঠাৰ বিছনাত দেখিছিলোঁগৈ বাৰ নিষ্প্ৰাণ শৰীৰটো। 
আমাক সকলোকে কন্দুৱাই গুচি গৈছিল বা এই সংসাৰৰ পৰা। কিন্তু ! কিন্তু একেবাৰে সহজ  নাছিল বাৰ মৃত্যু। তাই আত্মহত্যা কৰিছিল।
হুকহুকাই কান্দি উঠিল ল'ৰাটোৱে।
ল'ৰাটোৰ মুখত কথাবোৰ শুনি মনৰ অদম্য শংকাত অসীম চলিহা বিবুদ্ধিত পৰিল।কি ক'ব, কি কৰিব এতিয়া এই ল'ৰাটোক তেওঁ ? ভাৱি একো উৱাদিহ পোৱা  নাই এই মুহূৰ্তত। আৰু কিবা-কিবি সুধি খাল খান্দি জখিনী চপোৱাৰ হেঁপাহ নাই আৰু অসীম চলিহাৰ। ভাগিনীয়েক ৰাগিনীক ধৰ্ষণ কৰিবলৈ চলোৱাৰ আঁৰত যে কিছু ৰহস্য লুকাই আছে তেওঁ গোন্ধ পাইছে ল'ৰাটোৰ এই কথাখিনিতে। যেনে-তেনে কিবা এটা বুদ্ধি কৰি ল'ৰাটাক লকআপৰ ভিতৰৰ পৰা মুক্তি দি থানাৰ পৰা পঠাব পাৰিলেই তেওঁও আজি মুক্তি পাব। কিন্তু কটকী ,বড়া,দাসহঁতৰ আগত তেওঁ কি বুলি ক'ব ল'ৰাটোৰ বিষয়ে! কিয় এৰি দিলে বুলি ক'ব ! তেওঁলোকে যদি সন্দেহ কৰে অসীম চলিহাক ! আৰু সি যদি তেওঁলোকৰ সন্মুখতে এইবোৰ এফালৰ পৰা গাই দিয়ে ! তেতিয়া ! তেতিয়া কি হ'ব ?
কান্দি কান্দি আঁঠুত মূৰ গুঁজি তললৈ মূৰ কৰি বহি থকা ল'ৰাটোৰ সন্মুখতে ইফাল-সিফালকৈ খৰ খোজেৰে পায়চাৰি কৰি থকা অসীম চলিহাৰ মনলৈ ইটোৰ পিছত সিটোকৈ অনেক চিন্তা আহিছে। বুদ্ধিও পাঙিছে । কিন্তু কি বুদ্ধিয়ে এই বিপদৰ পৰা মুক্ত হ'ব  পাৰিব তেওঁ সেই লৈহে একো এটা সঠিক সিদ্ধান্ত ল'ব পৰা নাই।
তেনেতে ল'ৰাটো উঠি আহি  এটা প্ৰচণ্ড ঘোচা অসীম চলিহাৰ নাকতে কেতিয়া বহুৱাই দিলেহি অসীম চলিহাই টলকিবই নোৱাৰিলে।
থৰমহ খাই গোটেইখন ধুঁৱলি-কুঁৱলি দেখি কথমপি পৰি নোযোৱাকৈ বেৰত আঁউজি ৰৈ থকা অসীম চলিহালৈ অগ্নিস্ফুলিংগ বৰষি উঠা দুচকুৰে ঘোপাকৈ চাই  কৈ উঠিল সি--
::চাল্লা, চৰিত্ৰহীন। কাক ধৰ্ষণকাৰী বুলি মাৰিছ তই? কোন ধৰ্ষণকাৰী? তই নে মই? খাকী পোছাক জোৰ পিন্ধিলি বুলিয়েই, কি তোৰ চৰিত্ৰ লুকাই গ'ল। চাল্লা কুকুৰ,তই মোৰ বাক
আৰু দুটা মান ঘোচা নাকে-মুখে বহাই দিওঁতেই লকআপৰ ভিতৰত হুলস্থুল শুনি ইফালে -সিফালে থকা কটকী ,দাস আৰু বড়া ওচৰ চাপি আহিল।

আগলৈ----

পৃষ্ঠা ১৩
অণুগল্পঃ

ক/ মাতৃস্নেহ

মীনাক্ষি ৰায় ডাকুৱা
গোলকগঞ্জ, ধুবুৰী ।

শেষ ৰাতিৰ চিকুণ টোপনিৰ আৱেশত ৰাজশ্ৰীয়ে ঘটি যোৱা ঘটনাটোকে পুনৰ সপোনত দেখিলে, পাৰ্কৰ বেঞ্চত তাই আৰু ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ আনন্দ বহি আছে । আনন্দ‌ই ক'লে —" মা-দেউতাই আমাৰ বিয়াত সন্মতি দিছে ৰাজশ্ৰী ।" ভাললগা এক শিহৰণে ৰাজশ্ৰীক জোকাৰি যাওঁতেই আনন্দ‌ই ক'লে যে, তাই নিৰ্মলক ত্যাগ কৰিব লাগিব । তৎক্ষণাৎ যেন সমাজবিজ্ঞানৰ অধ্যাপিকা ৰাজশ্ৰীৰ নিজকে প্ৰবল তাপত জ্বলি যোৱাৰ দৰে লাগিল । তেওঁৰ ভাৱ হ'ল, আনন্দৰ সমস্ত সত্বা যেন আন্ধাৰে ঢাকি পেলাইছে । যোৱা সাত বছৰে ইমান আন্ধাৰ আনন্দ‌ই ক'ত লুকুৱাই ৰাখিছিল ? যদি বহু আগতেই ৰাজশ্ৰীয়ে আনন্দৰ মাজত এই আন্ধাৰ আৱিষ্কাৰ কৰিলেহেঁতেন, তেনেহ'লে তেওঁ চকুৰ পতাত ইমান স্বপ্নময় মায়াৰ কাজল সানি নল'লেহেঁতেন। যিকোনো সুখৰ বিনিময়তেই আইনীভাৱে এডপ্ট কৰি লোৱা নিষ্পাপ অনাথ শিশু নিৰ্মলক মাতৃস্নেহৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বুলি ৰাজশ্ৰীয়ে আনন্দক স্পষ্টভাবে জনাই দিলে ।
টোপনিৰ পৰা সাৰ পাই নিৰ্মলৰ প্ৰতি এক গভীৰ অনাবিল মমতাত ৰাজশ্ৰীৰ বুকুখন উদ্বেল হৈ উঠিল ।

খ/ মুখা

ৰিতামনি বায়ন 
বৰপেটা ছোৱালী মহাবিদ্যালয়।

মা কোৱা না--তুমি কোনজনা মহাপুৰুষক আটাইতকৈ ভাল পোৱা? ছোৱালীজনীৰ প্ৰশ্নত মাকে  উত্তৰ দিলে--মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক।
কিয় মা ?
কাৰণ তেওঁ কৈছিল--  
      "কুক্কুৰ,  শৃগাল, গৰ্দভৰো  আত্মাৰাম।
       জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। "
তাৰ মানে কি মা ? মাকে ছোৱালীজনীক আদ্যোপান্ত বিৱৰি ক'লে। এনেতে ছোৱালীজনী বাহিৰত কুকুৰ এটাৰ চিঞৰ শুনি দৌৰ মাৰি ৰান্ধনীঘৰ পালে আৰু মাকে দুপৰীয়াৰ বাবে ৰন্ধা ভাতৰ কিছু অংশ কুকুৰটোক এখন প্লেটত খাবলৈ দিলে। লগে লগে কুকুৰটোৰ চিঞৰ বন্ধ হ'ল। মাকে টেলিভিচনৰ ছুইচ অফ কৰি দুপৰীয়াৰ ভাত বাঢ়িব আহি ছোৱালীজনীৰ সেই  কাৰ্য্য দেখি খঙে ব্ৰহ্মতালু পালে  আৰু দুগালে দুটা চৰ সোধালে।

গ/ জীৱন- এক শীতল যুদ্ধ

ৰাকেশ শৰ্মা
চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়, যোৰহাট।

এচমকা কলীয়া ডাৱৰৰ গুজৰণি ‍ফালি অহা এচাটি তীক্ষ্ণ বিজুলীৰ চিকমিকনি আৰু কলহৰ মুখেৰে ঢালিত হোৱা এজাক বৰষুণৰ দপ্ দপনি সহি থকা এজোপা চাপৰ গছৰ দৰে হৈ পৰিছে জীৱন...
শিপাৰ দৰে সঁহাৰি দিয়া আই-বোপাইৰ বাবে হেলাৰঙে থিয় দিছো কঠোৰ প্ৰত্যহ্বানৰ বিৰুদ্ধে...মাথোন সূৰুযৰ একুঁকি ৰেঙণিৰ অপেক্ষাত...।

ঘ/ মা

স্বপ্নম জ্যোতি কলিতা
গোলাঘাট

"কিবা আগৰ জন্মৰ পূণ্যৰ ফল যাৰ বাবে এজনী ছোৱালীৰ জন্ম হ'ল"
শাহুৱেকৰ উক্তি
শয্যাগত এগৰাকী মাতৃৰ জলমলাই উঠিল চকু দুটা আৰু ক্ষন্তেক পিছতেই হেৰাই গ'ল বেলি । হুৰাওৰাও কান্দোন ...
হঠাৎ কান্দি উঠা কেঁচুৱা এটিৰ সকৰুণ উচুপনি এটায়ো কৈছিল - ধিক মাতৃতন্ত্ৰ ... ।

পৃষ্ঠা ১৪
চুটি গল্পঃ

বাৰিষা

দ্বিপেন গগৈ
শিৱসাগৰ(অসম)

আকৌ বাৰিষা আহি পালেহি। বাৰিষাকালিৰ বতৰ পাই গছ-গছনি তৃণ লতা ঘাঁহ বনবোৰে যেন পুনৰ প্ৰাণ পাই উঠিছে। "পানীয়ে প্ৰাণ" নামৰ শব্দকেইটাই যেন আকৌ এবাৰ সকলোকে প্ৰমাণ কৰি দিলে। আমাৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশটো অতি মনোমোহা সৌন্দৰ্য্যৰে সজীৱ হৈ পৰিছে। এই অনুভৱৰ মাজত কবিয়ে কবিতা ৰচিছে, কুলু কুলুকৈ বৈ অহা নিজৰাটিৰ শব্দত নদীখনেও প্ৰাণ পাই উঠিছে, চৰাই চিৰিকটিবিলাকেও যেন প্ৰকৃতিৰ মধুৰ শব্দৰ তালে তালে গীত গাই নাচিব ধৰিছে। প্ৰকৃতিৰ কিযে বিনন্দীয়া ৰূপ, ভাৱিলেই মনত সতেজতাৰ পূৰ্ণ আনন্দ বিলাস জাগ্ৰত হয়। কেতিয়াবা মন যায় এই বিনন্দ বিলাস সৃষ্টিৰ মাজত থাকিয়েই যেন মই মোৰ জীৱন কটাম !
    এই কথাবোৰ চিন্তা কৰি থাকোঁতে হঠাৎ মোৰ লʼৰালি কালৰ বন্ধু প্ৰভাতে আহি মাত দিয়াতহে মই সম্বিত ঘূৰাই পালোঁ।
: কিবা চিন্তা কৰি থকা যেন লাগিছে ?
: অʼ প্ৰভাত, এই যে প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য্যৰ মাজত মই সদায়েই থাকিব বিচাৰোঁ। তাকে ভাবি আছিলো।
: হাঃ হাঃ এ‌য়া জানো সম্ভৱ ?
: অসম্ভৱো নহয়, মন কৰিলেই ছন। বাৰু কোৱাচোন প্ৰভাত আমাৰ ইয়ালৈ কেতিয়া আহিলা ?
: অহা দুঘণ্টা মানতকৈ বেছি হ'ল।তোমাৰ খবৰ লওঁ বুলিহে ইয়াত আহি পালোহি।
: বাৰু বʼলা, চাহ খাঁওগৈ।
: মই খাইয়ে আহিছোঁ।
অলপ দূৰ যোৱাৰ পাছত, মই এজন খেতিয়কক দেখি প্ৰভাতক কʼলো।
: প্ৰভাত, সৌ যে দেখিছা মানুহজন, তেওঁ জীৱন যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ মনত অলেখ সপোন দেখিছে। সেয়েহে হাতত কোৰখনলৈ পথাৰৰ কামত ব্যস্ত। আমাৰ ইয়াত বছৰটোত এবাৰহে ধান খেতি কৰিব পাৰি, তাকো বাৰিষাকালিহে। তেওঁ এতিয়া কঠীয়াতলি উলিয়াইছে, তাৰ পাছত ভালদৰে মাটিখিনি চহাই বোকা কৰি, মৈয়ে সমান কৰিব। এদিন ব-দি থব, পিছদিনা তাত পচাই থোৱা গজালি মেলা ধান চটিয়াব। ইয়াৰ পিছত 20-25 দিন হোৱাত সেই কঠীয়া উভালি চহাই থোৱা পথাৰত নি ৰুৱ। কঠীয়া ৰোৱা তিনিমাহৰ পাছতহে ধান কাটিবপৰা হয়। কিমান কষ্ট কৰিবলগীয়া হয় পেটৰ ভাতমুঠিৰ বাবে নহয়নে ? বছৰটোৰ জোখাৰে ভঁৰালত ধান ৰাখি বাকী যি ৰাহি হয় সেইসমূহ বেছিবলৈ নিয়ে। ধান বেছি যি এপইচা পাই তাৰে ঘৰখনৰ বাকী খৰচৰ কামত আহে। এই লক্ষ্য স্থিৰ কৰিয়েই তেওঁ হাতত কোৰখন লৈ কামত লাগিছে।
: বাঃ বন্ধু বৰ সুন্দৰকৈ বুজাই দিলা তুমি।
: কেৱল মানুহেই নহয়, জগতৰ প্ৰতিটো প্ৰাণীয়েই নিজে জীয়াই থাকিবলৈ জীৱন সংগ্ৰামত লিপ্ত হয়।সৃষ্টিকৰ্তাইও ইয়াৰ বাবে যোগাৰ কৰি থৈছে। আমি নিজেই বিচাৰি লʼলেই হ'ল।
: ওম ঠিকেই কৈছা। বʼলা কথা পাতি পাতিয়েই গৈ থাকোঁ তোমালোকৰ ইয়াত বাৰিষা বানপানী হয়নে ?
: ভাল প্ৰশ্ন সুধিছা। বানপানী, নেৰানেপেৰা বৰষুণ দিয়কচোন ছয়দিনমান; দেখিবা গোটেইখন পানীৰ ঢল হৈ যায়। গাঁৱৰ কাষেৰে বৈ যোৱা নদীখনে অকলশৰে পানী টানিবই নোৱাৰে।সিফালে পাহাৰৰ পৰা বৈ অহা পানীৰ ঢল আছেই। আমাৰ এই টাউলা নদীখনে কিমাননো নিয়ন্ত্ৰণ কৰিব, নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। টাউলাখন পৰিছেগৈ দৰিকা নদীত, দৰিকাখন পৰিছেগৈ দিচাংত, দিচাং নদীখন পৰিছেগৈ ব্ৰক্ষ্মপুত্ৰ নদীত, এনেকৈ চেইন চিষ্টেমত গৈছে। আপ্ লেভেলৰ নদী কেইখনে টানিলেহে আৰু কিবা এটা উপায় পাওঁগৈ। যদি চেইনডালে টানিব নোৱাৰি বেক্ মাৰি দিয়ে তেন্তে আৰু ক'ব নালাগে, কলগছৰ ভূঁ সাজিও তৎ নাপাওঁ। হাঃহাঃ..
: হাঃ হাঃ..ঠিক আছে হেৰি কৰোঁ । মই যাওঁ, অহা কালিলৈ পুৱা দহ বজাত মই বাছ ষ্টেণ্ডত ৰৈ থাকিম, তুমি সময়মতে আহি যাবা হাঁ। Ok bye
 এনেদৰে কথা পাতি কেতিয়ানো ঘৰ পালোহি গমেই নাপালোঁ। মইও প্ৰভাতক বিদায় দি ঘৰ সোমালোঁ।।

পৃষ্ঠা ১৫
চহকী

হেপী শইকীয়া
শিৱসাগৰ

আহিনৰ আবেলি  অলপ চেঁচা বতাহ এজাকে কোবাইছেহি, বতাহ জাকিৰ সোৱাদ সামৰিব নোৱাৰি  মুঢ়া এটা আনি চোতালত বহি ল'লোঁ। আতক-ধুনীয়া চৌহদটোৰ কোণ বোৰলৈ চাই পঠিয়ালোঁ। প্ৰতিটো কোণেই বৰ মৰমত গঢ়া, সম্ভ্ৰান্তৰ প্ৰভাৱ নথকা চহকী। 
নিশা বা আহি কেতিয়া কাষতে ৰ'লেহি গমকে নাপালোঁ ।
: কি কৈ আছ অই সম্ভ্ৰান্ত চহকী ? কি কৈ আছ ?  চোৱা চোন বা শাৰী শাৰী কৈ সজোৱা সোণাৰু, নাহৰ কেইজুপি আৰু সিটো‌ মূৰত কাঞ্চন কেইজুপি বসন্তত চাগে ঘৰখন উৎসৱ মূখৰ হৈ পৰে ! মোৰ কথা শুনি নিশা বা হাঁহি উঠিল সশব্দে । মই ত'ত ধৰিব নোৱাৰি একো নকলো আৰু।
নিশা বৰুৱা, এগৰাকী অঞ্চলটোৰ নামী সমাজ সেৱিকা। এটা প্ৰতিষ্ঠিত NGO ৰ সৈতে কাম কৰি আহিছে।
: অঞ্চলটোত এটা সমীক্ষা চলাইছিলো বুইছ ৰং । ইমান শিক্ষিত লোক সকলৰ মাজত অন্ধ বিশ্বাসৰ প্ৰকোপ। বহুতো লোক হিংসাত্মক কাৰ্যকলাপৰ বলি হৈ আছে। 'Skill development' চেণ্টাৰৰ কাম আৰম্ভ কৰিছিলোঁ হে মাত্ৰ, সেয়াও বন্ধ কৰালে। বোলে, আমাৰ বজাৰ নাই এইবোৰ আমি ক'ত বিক্ৰী কৰিম ? আমি প্ৰস্তুত কৰা সামগ্ৰী কোনে কিনিব ? Seriously Fed up of these stupidity। মানুহগৰাকীয়ে অনৰ্গল কৈ গ'ল কথাবোৰ।
ৰুণা বায়ে হয়টো ভিতৰ পৰা কিবা শুনি ওলাই আহিছিল।  গম্ভীৰ খুজেৰে আহি চোতাল পালেহি। সদা গম্ভীৰ কণ্ঠেৰে তেওঁ কৈ  উঠিল। 
: তেওঁলোকৰ আশ্বাস হেৰুৱাটো স্বাভাৱিক । যোৱা বাৰ প্ৰগ্ৰেমত অংশ গ্ৰহণ নকৰা ব্যক্তিয়ে কেনেকৈ বাহিৰৰ পৰা অহা কোম্পানীত ঠাই পালে ? বাহিৰৰ লোকক অংশ গ্ৰহণ কৰিবলৈ কোনে দিলে ? তেওঁলোকৰ বহু ক্ষতিও হ'ল । তেওঁলোকে বজাৰত কৈ বহু কম মূল্যত তৈয়াৰ কৰা সমগ্রী বোৰ বিক্ৰী কৰিব লগা হ'ল। গতিকে তেওঁলোকক এতিয়া ভাল  গাইডনেচৰ দৰকাৰ।  তেওঁলোকক নিজৰ বজাৰ এখন কেনেকৈ স্থাপন কৰিব পাৰি অথবা সংস্থাপনৰ  ভিন্ন উপাই সমূহৰ বিষয়ে বুজাই সজাগ কৰি দিব লাগিব।
: কিন্তু বা এইবোৰে মোৰ কি লাভ হ'ব না মোক কোনোবাই এৱাৰ্ড দিব ? এইবোৰ পুৰণিকলীয়া কথা । ভাবি লাভ নাই ।
: তুমি যি মূৰ্খামি কৰিলা। সেইয়া মই নকৰোঁ, তুমি
ইমান বোৰ মাটি কি কৰিলা ? 
তাতোকৈ মোক দিয়া হ'লে, মই তোমাক অংশ দিলো হেঁতেন।
ৰূমা বাক বিৰক্ত হোৱা যেন অনুভৱ হ'ল অথচ গহীন মতেৰে কৈ গ'ল
: সেই মানুহবোৰৰ কাৰণে কিবা এটা কৰাৰ সুখ।তেওঁলোকৰ হাঁহিৰ কাৰণ বুলি যেতিয়া নিজক আৱিস্কাৰ কৰোঁ জীৱনটো সফল যেন অনুভৱ হয়।
: তুমি এজনী আবেগিক মুৰ্খ মানুহ । জীৱনটো কি বেলেগ নামত দিব আহিছে বুজা নাই। পৃথিৱীখনত কি চলি আছে নুবুজা । তোমাৰ এইবোৰে শুহি খাব তোমাক। পাৰিলে তোমাৰ দৈত্য মখাক কৰবাত গটাই দিয়া। অনাথ হৈ আহিছে যেতিয়া কৰবাত কিবা কৰি খাব। বুঢ়ী কেইজনীৰ নো কিমান দিন আছে, মৰিব এদিন।  নিজৰ কামত মন দিয়া । নহ:লে বহুত বেয়া সময় দেখিবা। নিশাই প্ৰায় চিঞৰি কথা কেইটা কৈ ফুপাই উঠিছিল ।
: ইহঁত বোৰ মোৰ সন্তান অনাথ নহয় আৰু বুঢ়ী নহয় সেইয়া মোৰ আশীৰ্বাদ। তুমি নুবুজা । ৰুণাই শান্ত ভাবে কথা কেইটা কৈ উঠি গ'ল।
 হতভম্ব হৈ পৰিলো মই।
 নিশা বৰুৱা খঙত জ্বলি আছে । আচৰিত লাগিল ৰুণা দত্তক। টিপ চহী মাৰি চাকৰি খোৱা বুলি অঞ্চল তোৰ কথিত শিক্ষিত লোক সকলৰ মূৰৰ কামোৰণি। কিন্তু বিখ্যাত সমাজ সেৱিকা নিশা বৰুৱা ! ৱাহ্ ঠিকেই সম্ভ্ৰান্তৰ প্ৰভাৱ নোহোৱা চহকী!

পৃষ্ঠা ১৬
অনুবাদ কবিতা ঃ

THE LAUGHING HEART

(By Charles Bukowski) 

Your life is your life
Don’t let it be clubbed into dank submission,
Be on the watch,
There are ways out,
There is a light somewhere,
It may not be much light, but
It beats the darkness,
Be on the watch,
The gods will offer you chances,
Know them.
Take them.
You can’t beat death, but
You can beat death in life, sometimes.
And, more often you learn to do it,
The more light there will be.
Your life is your life.
Know it while you have it.
You are marvellous,
The gods wait to delight
In you. 

হাঁহি থকা হৃদয়

(মূল-  The Laughing Heart by Charles Bukowoski)

অনুবাদঃ
প্ৰাণকৃষ্ণ গোস্বামী
গুৱাহাটী

তোমাৰ জীৱন কেৱল তোমাৰেই
ইয়াক নিস্তেজ সমৰ্পণৰ লগত আঁটি বান্ধিব নিদিবা,
চকু-কাণ-মন খুলি ৰাখাঁ,
কেনিবাদি বাট ওলাব,
ক'ৰবাত নিশ্চয় পোহৰ দেখিবা,
সেয়া অধিক পোহৰ নহ'বও পাৰে,
কিন্তু,  সেইকণেই  আন্ধাৰ নাশিব,
চকু-কাণ-মন খুলি ৰাখাঁ, 
ভগৱানে তোমাক সুযোগ দিবই,
সেই সুযোগ বুজি লোৱাঁ।
তাক গ্ৰহণ কৰাঁ।
তুমি মৃত্যুক জিনিব নোৱাৰাঁ,কিন্তু 
কেতিয়াবা, জীৱনত মৃত্যুক পৰাহত কৰা যায়। 
আৰু, যিমানেই এনে কৰিব শিকিবা,
পোহৰো সিমানেই বাঢ়িব।
তোমাৰ জীৱন কেৱল তোমাৰেই। 
এই কথা বুজি লোৱাঁ জীৱন থাকোতেই।
তুমি আশ্চৰ্যকৰ,
দেৱতাসকল ৰৈ আছে তোমাক দেখি
আহ্লাদিত হ'বলৈ।

[চাৰ্লচ্ বুক'ৱস্কি (Charles Bukowski, ১৯২০-১৯৯৪) এগৰাকী জাৰ্মান-আমেৰিকান লেখক আছিল। তেওঁ একেধাৰে কবি, গল্পকাৰ আৰু ঔপন্যাসিক আছিল।  তেওঁৰ ৰচনা সমূহত সমাজৰ দুখীয়া-দৰিদ্ৰৰ হকে আৰু সেই সময়ৰ আমেৰিকান সমাজৰ দূৰ্নীতি তথা অপকৰ্মৰ বিৰুদ্ধে মাত মাতি তেওঁ 'বিপ্লৱী লেখক' হিচাপে জনাজাত হৈছিল। চোৱাংচোৱা বিভাগেও তেওঁৰ কাম-কাজৰ ওপৰত চকু ৰাখিছিল। তেওঁৰ লেখা সমূহ বিখ্যাত আৰু দামী কাকত-আলোচনী পৰিবৰ্তে অসংখ্য সৰু সৰু কাকত-আলোচনী প্ৰকাশ পাইছিল। তেওঁ কেইবাহাজাৰ কবিতা, তিনিশতাধিক চুটিগল্প আৰু ছয়খন উপন্যাস লিখি থৈ যায়। সকলো মিলাই তেওঁ তিনিকুৰি গ্ৰন্থৰ স্ৰষ্টা। 'ৱাৰ্ণিং ইন ৱাটাৰ, ড্ৰাউনিং ইন ফ্লে'ম' তেওঁৰ এখন বিখ্যাত কাব্য সংকলন]।

পৃষ্ঠা ১৭
কবিতাঃ

গলগাথাৰ কবিতা

ৰুদ্ৰ সিংহ মটক

অচিন মহামাৰীৰ মৰণ-ফান্দত
জীও হেৰুৱা মোৰ সভ্যতাৰ সূৰ্য

ব-ছেৰা বতাহত 
বগা চন্দনৰ গোন্ধ

বা: 
কি ওখ এই দেবদাৰু চিতা  ! 

কালৰো কাল 
বিপৰীত কাল

হ'লেইবা অমৃতৰ পুত্র, এই মৰতত মৃত্যুভয়
অকাল মৃত্যুৰ ভয় বাৰু কাৰনো নাই ? 

মৃত সূৰ্যৰ মুখাগ্নিৰ বাবে চিতাৰ কাষত
দশ পুত্র প্ৰিয় পত্নী কোনো নাই 
দুটামান চণ্ডাল আৰু নীলা চকুৰ কুকুৰটোৰ 
বাহিৰে

উশাহ বিচাৰি বুকুৰ ভিতৰত যেন 
ঢপলিয়াই ফুৰিছে মৃত চহৰ এখন
নে চোতালত ওফন্দি উঠা বাহী শ এটাৰ দৰে হঠাতে ওপঙি উঠিছে জীওহীন মোৰ মাত হেৰুৱা পৃথিৱী

হাতৰ কলমটো পেলাই খিৰিকিখন বন্ধ কৰিলোঁ
আৰু 
চকু মুদি দিলো সৰ্বশৰীৰ কঁপি উঠা অজান ভয়ত

দেখিলোঁ সন্মুখৰ টেবুলত দাঁত নিকটাই হাঁহিছে 
কাহানিও নেদেখা গলগাথাৰ 

লাওখোলাবোৰ...

পৃষ্ঠা ১৮
মেঘলৈ বুলি...

মেঘালী গগৈ
ফোন নং:৯৯৫৭৬৮৪৬২৩

মেঘবোৰ থূপ খাইছে 
মাদলৰ সুৰ যেন লগা 
গুমগুমনি এটা বিয়পি পৰিছে
মোৰ শৰীৰৰ বাহিৰে ভিতৰে।

পাহৰি থকা গান এটা
মেঘৰ ছাঁত
আকৌ জীপ লৈ উঠিছে
মেঘৰ সৈতে দূৰভ্ৰমণত
গুচি যাব খুজিছে গানটো।

আহাৰৰ ৰোহঘৰীয়া বেলি
তোমালৈ পৰ নিদিওঁ আৰু আজি
পিৰালিৰ গধুলিগোপালৰ স'তে লাগিভাগি
শেতেলি সজাই থ'বা 
ৰাতিৰ ৰাতিটো চকু টিপটিপাই 
নুশুৱাকৈ থকা তৰাবোৰক
মেঘে আজি বুকুৰ উম দি শুৱাব।

পৃষ্ঠা ১৯
প্ৰেমৰ ঠিকনা
 
জুৰি ৰাজখোৱা গগৈ
চৰাইদেউ
ফোন নং - ৮৬৩৮৭০৬১৬০

তেওঁ হাঁহি দিলে
মোৰ বুকুত ভালপোৱাৰ 
তিলফুল এপাহ ফুলি উঠে।
 
কিছুমান লোক 
ভাল পাবলৈকে জীয়াই থাকে
যিদৰে বৰষুণ দিবলৈকে
ৰৈ থাকে মেঘ ৷
 
ভাল পাবলৈকে জীয়াই থকাজনে 
মাথোঁ ভাল পাব জানে 
নিবিচাৰে কোনো বিনিময় 
 
ভালপাবলৈ শিকোৱা জনৰ 
এটি হাঁহিয়েই
তেওঁৰ বাবে কঢ়িয়াই আনে  কহিনুৰ ভঁৰাল 
আৰু  তেতিয়া 
পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন  হৈ পৰে  তেওঁ ৷
 
ভালপোৱাৰ নামত জীয়াই  থকাজনৰ 
বুকুতে লিখা থাকে প্ৰেমৰ ঠিকনা
আচলতে নিজক হেৰুৱাই জীয়াই থাকিবলৈকে তেওঁ বুকুত লিখি ল'য়
প্ৰেমৰ ঠিকনা ৷

পৃষ্ঠা ২০
মৰুতৃষ্ণা

গীতা শৰ্মা
মুম্বাই।

প্ৰাণৰ মৰুতৃষ্ণা
 
পিপাসাৰ্ত জীউ

আতুৰ পিয়াসী এছাটি বতাহৰ
 
‌কক্‌বকনিত টিপ চাকি 
জ্বলে আৰু নুমায়

এটি উশাহৰ  কাতৰ ভিক্ষা
শেঁতা বিবৰ্ণ চকুযুৰিৰ
ঢিমিক ঢামাক

যন্ত্ৰণাত আকাশ কঁপে
জীৱন শুকায়

হিম চেঁচা স্পন্দনহীন মানৱতা
উৰি যায় শিমলুৰে তুলা
কাল এন্ধাৰে আৱৰে সেউজীয়া

স্তুপিকৃত বেদনাই
খোপনি পোতে
বিয়পি যায় নৈ এৰি সাগৰলৈ
বিননিৰ লহৰ
এবুকু সাগৰ।

পৃষ্ঠা ২১
মোৰ বন্ধুজনৰ কোঠাটো

পাৰ্শ্ব নাৰয়ণ গোস্বামী

মোৰ বন্ধুজনৰ কোঠাটো,
বিশৃংখল সত্তা এটাই আৱৰি ৰাখে।
খেলিমেলি হৈ থাকে বিছনাখন।
টেবুলখনত সিচঁৰতি হৈ থাকে কিতাপবোৰ।
কেতিয়াবা যদি মাৰ্ক্স, লেনিন, মুছলিনি
কেতিয়াবা আকৌ বিষ্ণু ৰাভা, কুশল কোৱঁৰ,
নহ'লেবা ভীষ্ম পিতামহ নাইবা সীতাৰ অগ্নিপৰীক্ষা।
হাজাৰটা চিন্তাৰ আলি দোমোজাত
মোৰ বন্ধুজন।
কেতিয়াবা তেওঁৰ কোঠাত 
দুপৰ নিশালৈকে চলি থাকে
কবিতাৰ আড্ডা।
উজাগৰী নিশাৰ দুখৰ আড্ডাত
তেওঁৰ হাতৰ ধোঁৱাই থকা চাহ,
য'ত সুখবোৰ উপঙি থাকে।
ওঁঠৰ জলন্ত চিগাৰেটত সুখতান এটাৰে
আমিবোৰে দুখৰ ধোঁৱাবোৰ উলিয়াই দিওঁ। 
কেতিয়াবা এনে লাগে,
হাজাৰটা দুখ লৈ তেওঁ হাঁহি এটা
পিন্ধি থাকে।
কেতিয়াবা আড্ডাবোৰত তেওঁ
প্ৰতিবাদী হৈ উঠে।
সমাজৰ ব্যভিচাৰ কিম্বা চৰকাৰী প্ৰতাৰণা,
হাজাৰ বুজনিৰেও সৈমান নহয় বন্ধুজন।
তেনেদৰেই পাৰ হৈ থাকে দিনবোৰ।
আজি বহুতদিনৰ মূৰত তেওঁৰ কোঠাটোত
আকৌ আড্ডা বহিব।
দুপৰ নিশালৈকে জীপাল হৈ থাকিব
বেপেৰুৱা
কেইজনমান বন্ধুৰ মগজুবোৰ।।

পৃষ্ঠা ২২
ফাগুন

কৃষ্ণাময়ুৰী হাজৰিকা
যোৰহাট ৷

পলাশৰ ৰঙা ৰং
কলিজাত বিয়পিল ৷

যদিও ৰিক্ত আকাশ
প্ৰেমিক পক্ষীটিয়ে
ক’লে
"আকৌ সপোনৰ 
ফাগুন আহিল ”

পৃষ্ঠা ২৩
সুগন্ধি পখিলালৈ শ্ৰদ্ধাঞ্জলি

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়।

এটা যুগজয়ী কবিতা নাম হীৰুদা
সুগন্ধি পখিলা তুমি,
মাটিৰ গোন্ধ তুমি এজন কবি
প্ৰিয় কবি।

স্বপ্ন তীৰ্থত বিয়পি আছে তোমাৰ সুবাস‌,
তুমি প্ৰেমিক কবি ?
তোমাৰ ফুলে তেজে এন্ধাৰে 
সেই কামিজটোত এতিয়াও লাগি আছে,
তোমাৰ কবিতাৰে আজি আকৌ সোঁৱৰিছোঁ

"কামিজৰ সিয়নিত দুখ ,দুখৰ স্তুতি/মোৰ গাত হাত থ'লেই পাবা হীৰেন নামৰ কবি/পদচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতি।"

পৃষ্ঠা ২৪
নিত্যানন্দ

দীপক বৰা
নতুন দিল্লী

পানীৰ বুৰবুৰণিৰ লগত কিয় খেলা
অন্তহীন এই পিয়াহে পেলাই মাথোঁ দু:খৰ ছায়া।
এটি মাৰ গ'লে যে দহোটি জাগে
সন্তুষ্টিৰ জানো সীমা থাকে !
জীৱন মানেই মন
সুখ-দু:খ, দীনতা, ধন
হৈ নিত্যানন্দ
ভোগা জীৱনৰ আনন্দ।

পৃষ্ঠা ২৫
অকলে আছোঁ

মিছ চৰিফা বেগম
নাহৰণি

অকলে আছোঁ 
চকুত দুখন নদী
যতনে কঢ়িয়াইছোঁ  
সপোনবোৰ ভঙাৰ পাছতো
জিলিকি আছে চকুত
 দুটা নুমাই  যোৱা তৰা 
ৰৈ আছো দিখৌ ঘাটত 
নাও বাই বাই এদিন
তুমি ঘূৰি অহাৰ অপেক্ষাত। 
হাতত লৈ ফুৰিছোঁ 
তাহানিৰ  হাঁহি এটা 
সকলোকে দেখুৱাই
পিন্ধি লৈছোঁ ওঁঠত।

পৃষ্ঠা ২৬
ভগ্ন হৃদয়

নিৰূপণ বৰুৱা
লখিমপুৰ

ঔৰসজাত দুটি সোনগুটিলৈ 
বৰকৈ মনত পৰিছে অ'
সিহঁতৰ হাঁহিটো যে
আজি নিৰস হৈ পৰিছে

সময়ৰ আহ্বানত
পৰিস্থিতিৰ কৰাল গ্ৰাসত 
গভীৰ আচোঁৰ পৰিছে
মোৰ ভগ্ন হৃদয়ত
সিহঁতৰ উচুপনিত
 ক্ষণিকৰ কাৰণে হ'লেও
স্তম্ভিত হৈছোঁ আজি 

সাহস গোটাব পৰা নাই
শান্তনা দিবলে
স্থিৰ কৰিব পৰা নাই  মন
বাৰে বাৰে উত্তাল হৈছে বিবেক
বাৰে বাৰে কম্পিত হৈছে ভগ্ন হৃদয়

জীৱনৰ চাকনৈয়াত 
উটি ভাঁহি ফুৰিছোঁ 
নাই পোৱা কোনো পাৰা পাৰ
বেদনা কাতৰ সময়ে 
ভূমিকা লৈছে নীৰৱ দৰ্শকৰ 
ঠিকনা দিছে এক 
যাযাবৰি জীৱনৰ 

উন্মুক্ত প্ৰাণত 
অশান্তিৰ বীজ ৰোপন কৰি
শান্তিকামী হৃদয়ে মৰিচিকাৰ পিছ ধৰি
দিশহাৰা পথিকৰ 
চৰিত্ৰ নিষ্ঠাৰে কৰিছে ৰূপায়ন
এইয়া যেন পথিকৰ ভগ্ন হৃদয়ৰ গান...

পৃষ্ঠা ২৭
অস্তিত্ব

প্ৰীতি স্মিতা বৰা

আপোন বহু জনেই হৈ পৰে
কিন্তু তাৰ অস্তিত্ব, মূল্য
বুজে কিমান জনে ?

অতীত বহুতেই জানিব খোজে
কিন্তু সকলো জানিও 
ভালপায় কিমান জনে ?

তোমালোকৰ চহৰখন বৰ ৰঙীন
চালে চকুত ধৰা, পোহৰ
মোৰ চহৰ খন মোৰ দৰেই
সকলো দিশে কেৱল অন্ধকাৰ।

যোৱা হে প্ৰিয়তম, লোৱা বিদায়
তোমাৰ উপস্থিতি মোৰ বাবে
বেদনাদায়ক ।

পৃষ্ঠা ২৮
মন যায়

উদিত ৰাজ বৰা
ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ, 
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ভ্ৰাম্য - 9401338087

স্মৃতিসিক্ত
ইতিহাসৰ বননিত
মনে যায় বেঙা মেলি।

নিয়ৰ সনা বিয়লি আৰু
সন্ধিয়াৰ
চকা-মকাত
মন আজি
বিভোৰ বেমেজালিত।

মন যায়
মোৰো সযতনে,
হিয়াৰ অজান ঠাইৰ
অবিৰত যুদ্ধক জিনিবলৈ।

মন যায়
বাস্তৱৰ মৰীচিকা,
শূন্য শান্তি,
বেবেৰিবাং স্বপ্ন আৰু
তিক্ত খেয়ালৰ সৈতে হোৱা
যুদ্ধক জিনিবলৈ।

মনৰ আকাশত
দুপাখি মেলি
উৰা মাৰে
নানা ৰঙৰ ৰামধেনু
সপোনৰ…

পল দুপলৰ বাবে
আশাৰ দুবাহুত
ভেজা লৈ ভাঁহি থকা
সেই ৰামধেনু, সপোনৰ…
হেৰাই যায়
ঢুকি নোপোৱা
বাস্তৱৰ মাজত…

হিয়াৰ ক্ষত বিক্ষত
দাপোনক
আকোঁৱালি লৈ
তীৰ বিৰাবলে পাহৰা
চোৱা সৌ তৰাটো, অকলশৰীয়া
নিজান আকাশত…
নেঘাছন্ন আকাশৰ কোলাত
লুকাভাকু খেলা তৰাটো,
জিলিকিব
এটি ক্ষণত…।

পৃষ্ঠা ২৯
খিৰিকী

মৰমী চাহু
ইংৰাজী বিভাগ, 
ডিব্ৰুগড় বিশ্ববিদ্যালয়।

খিৰিকীখন মই খুলি ৰাখোঁ
বনৰীয়া বতাহৰ শিহৰণ সাৱটো ।

খোলা খিৰিকীৰে ৰামধেনুৰ ৰঙবোৰ
জুৰণি বতাহ এচাটিৰে হোঁ-হোঁৱাই সোমাই আহে,
আহিয়েই হাঁহি হাঁহি ঢলি পৰে ।
ৰেলিঙত ওলমি ৰয় ৰ'দময় হেঁপাহ, 
যেন অক্টোৱৰৰ দুপৰীয়া ।
ইমান নিৰৱ, মায়াসনা আবেলি !
আহক লুইতেদি উজাই আজি
প্ৰেমালাপৰ ঠিকনা বিচাৰি ।

পৃষ্ঠা ৩০
অবিৰত যাত্ৰা

দৰ্শনা হাজৰিকা
এম. এ প্ৰথম ষান্মাসিক, 
নাৰী অধ্যয়ন কেন্দ্র, ডিব্ৰুগড় বিশ্ববিদ্যালয়

খৰস্ৰোতা নৈৰ দৰে শব্দবোৰ অনৰ্গলভাৱে 
ওলোৱা অধৰ কেতিয়াবা থমকি  ৰয়, 
চকুযোৰে নীৰৱতাৰ ভাষাৰে কথাবোৰ ক'ব খোজে। 
অথচ চকুৰ ভাষা বুজি পাওঁ
দাবী কৰা মানুহৰ মুখত 
বুজাৰ সলনি আশ্চৰ্য্যৰ চিন সুস্পষ্ট হয়। 
"ভালে আছানে ",-সেই মাত্ৰ দুটা শব্দৰ 
অভাৱত হৃদয়ত ৰক্তজবা ফুলে
তুমি অহাৰ আগতো  সেউজীয়া নাছিল
অথচ মই জীৱনৰ সৈতে মোকাবিলা কৰিব শিকিছিলো, 
এতিয়া সেউজীয়াৰ আশাই মোৰ 
দুনয়নত চকুলোৰে ভৰ কৰিছে, 
চকুযোৰে বাৰে বাৰে কয়। 
কিন্তু, সেই দূৰ্বোধ্য ভাষাৰ 
ভেদ ভাঙিব নোৱাৰি তেওঁ
অবিৰত যাত্ৰাৰে ভগ্নাৱশেষৰ ফালে গতি কৰে।

পৃষ্ঠা ৩১

অক্লান্ত শব্দ 

মণীষা ভৰদ্বাজ
ৰঙিয়া

হাজাৰ কাহিনীৰ সৃষ্টি কৰি ,
শব্দবোৰ বাৰু ক্লান্ত নহয় নে ? 
অভিমানী নহয় নে ? 
আৱেগেৰে ভৰপূৰ হাজাৰখন আবেদন ,
শব্দৰ বুকুতেই সৃষ্টি হয় ।
অতিষ্ঠ নহয় নে ? 
কিম্বা অনুৰাগক সামৰি অনুভৱী ? 

নহয় চাগে ...
শব্দবোৰ অক্লান্ত ,
নহয় চাগে অভিমানী ,
শব্দত সন্নিবিষ্ট হৈ থাকে মৰমৰ অভিমান । 
শব্দবোৰে আৱেগ সামৰিব জানে ,
সংগোপনে ।
অনুভৱবোৰ আকোঁৱালি লোৱাৰ সক্ষমতা 
জন্ম লগ্নৰে ।



পৃষ্ঠা ৩২
ঢৌৱে ঢৌৱে নদীৰ জীৱন

দীপজ্যোতি দাস
নলবাৰী
মো-৮৮২২৬৪১৫৪৭
email- dipjyotidas822@gmail.com

গভীৰ ৰাতি পানীত নামি 
জোনে একেথিৰে চাই আছে
নিজৰে মুখখন আকাশত
কাৰ আৱেশত ধুনীয়া হৈ গৈ আছে তাই
মনতে ভাবে
আলফুলে আঙুলি ফুৰাই দিওঁতে
নদীখন কঁপি উঠিল

যাৰ ঠাই হৃদয়ত
কওঁ বুলিয়ে ক’বতো নোৱাৰি 
সেয়া তুমি নোহোৱা
 
আকাশত যিটো জোন
একেটি জোন নদীৰ বুকুত 
ঢৌৱে ঢৌৱে নদীৰ জীৱন৷

পৃষ্ঠা ৩৩
অনুভৱঃ

‌জন্মদিন যেতিয়া উপহাৰ কেন্দ্ৰিক হয়

দীপাঞ্জলী তালুকদাৰ
গুৱাহাটী

পহাৰ পালে সকলোৰে ভাল লাগে নহয় জানো? কিন্তু সেই আন্তৰিকতাৰে দিয়া উপহাৰটোত বহুত বেছি দামী নাইবা কম দামী, এইটো ভাব কিয় আহে মই বুজিয়ে নাপাওঁ।
তেতিয়া মই সৰু আছিলোঁ যদিও ভাল-বেয়া অলপ বুজি পোৱা হৈছিলোঁ। বাইদেউ এজনীৰ জন্মদিন উপলক্ষে আমাক মাতিছিল। মই সেই বাইদেউজনীক "মইনা বা" বুলি মাতিছিলোঁ। মই মা-দেউতাৰ লগত মইনা বাৰ জন্মদিনলৈ গ'লোঁ। আমাক তেওঁলোকে বহুত আদৰ-সাদৰ কৰি ভিতৰলৈ লৈ গৈছিল, ধুনীয়াকৈ চাহ-জলপান যতনাই দিছিল। এবাৰ মই পাকঘৰত হাত ধুবলৈ যাওঁতে আন আলহী কেইগৰাকীমানক গৃহস্থই চাহ দিয়া দেখিলোঁ, তেওঁলোকৰ প্লেটলৈ চাওঁতে দেখা পালোঁ তাত আমাক দিয়াৰ দৰে মিঠাই নাছিল। মই ভাবি পোৱা নাছিলোঁ একে খোৱা কিয় দিয়া নাই তেওঁলোকক ? পিছত বুজিলোঁ আমি "মইনা বা"ৰ জন্মদিনলৈ নিয়া উপহাৰটো তেওঁলোকে অনা উপহাৰতকৈ হয়তো অলপ দামী আছিল।
সাধাৰণ জন্মদিনৰ উপহাৰতে যদি এনেকুৱা ভাৱ আহে কেনেকৈ হ'ব ? আমি এনেকুৱা মানসিকতাবোৰ সলনি কৰিব লাগিব। নহ'লে গৃহস্থৰ এনেকুৱা আচৰণটো হয়তো এদিন তেওঁলোকৰ সন্তানেও  অনুকৰণ কৰিব।ভৱিষ্যতে তেওঁলোকৰ মনত উপহাৰৰ লোভ বাঢ়ি যাব।লোভ এদিন ইমানেই বাঢ়ি যাব যে কেতিয়াবা আলহীয়ে উপহাৰ আনিব পাহৰি গ'লে বেয়া ব্যৱহাৰ কৰিব পাৰে নাইবা ভালকৈ মাত এষাৰ নিদিবও পাৰে।

পৃষ্ঠা ৩৪
আমি প্ৰেমত পৰোঁ নে প্ৰেম কৰোঁ ?

বিষাদ ৰঞ্জন বৰবৰা
যোৰহাট

ই যে শিৰোনামাটো দিলো, এই সম্পৰ্কত কাৰোবাক প্ৰশ্ন কৰিলে সকলোৱে প্ৰেমত পৰা বুলিয়ে ক'ব একেষাৰে। তথাপিওঁ যেন প্ৰশ্নটোৱে প্ৰকৃত উত্তৰ বিচাৰি হাহাকাৰ কৰে। এইখিনিতে প্ৰেমত পৰা  আৰু কৰাৰ মাজত মোৰ দৃষ্টিভঙ্গীত থকা পাৰ্থক্যটো আপোনালোকক কৈ থৈ যাওঁ। প্ৰথমে: প্ৰেমত পৰা বুলি ক'লে এনে এটা পৰ্যায়ৰ কথা বুজাব যিটোত প্ৰেমিক জনে বা প্ৰেমিকাগৰাকীয়ে নিজৰ আজ্ঞাতেই নিজক হেৰুৱাই অৰ্থাৎ নিজেই ক'ব নোৱৰাকৈয়ে কাৰোবাক ইমান ভাল লাগে যে তেওঁ বা তাই সেইজনক পাহৰি থকাটো অসম্ভৱ হৈ পৰে। যাৰ ফলশ্ৰুতিত যদি সেই প্ৰেমে প্ৰকাশ লাভ কৰে তেন্তে দুয়োজনে এজনে আনজনক পাহৰি থকাটো বা দৈহিক আকৰ্ষণৰ প্ৰতি আকৰ্ষিত হোৱাটো সপোনৰো অগোচৰ। য'ত প্ৰেমিক যুগলক পৰিচালনা কৰে হৃদয়ে।
দ্বিতীয়তে: যদি প্ৰেম কৰা যায় অৰ্থাৎ নিজে জানি বা কাৰোবাৰ দৈহিক গঠন বা সৌন্দৰ্যত মোহিত হৈ প্ৰেম কৰা যায়, তেন্তে তাত আকৰ্ষণ কেৱল দেহৰ ওপৰত হে থাকে। ইয়াত হৃদয়ৰ কথা নাহে ইয়াক পৰিচালনা কৰে মগজুৰে বা মনে। সেয়ে ইয়াক আমি উদ্দেশ্য প্ৰণোদিত প্ৰেম বুলিও অভিহিত কৰিব পাৰোঁ। য'ত উদ্দেশ্য পূৰণ হোৱাৰ পিছত আকৰ্ষণ কমি আহে আৰু এসময়ত স্ব-ইচ্ছাই কোনোবা এজন আঁতৰি যায়। যাৰ স্থায়িত্বতা সিমানলৈহে যিমানলৈ দেহৰ আকৰ্ষণ শক্তি থাকে।
সাম্প্ৰতিক সময়ত বিভিন্ন স্থানত আমি প্ৰত্যক্ষ কৰা যুগলবন্ধী সকলৰ কথা যদি অকণমান দকৈ ভাবি চাওঁ, তেন্তে চোন প্ৰেমত পৰা যেন নেলাগে। সেইদৰে যদি বহু যুৱক-যুৱতীৰ প্ৰেমৰ ওপৰত থকা দৃষ্টি ভঙ্গীলৈ চাওঁ তেতিয়া প্ৰেমত পৰা কথাটো অনুভৱ নহয়। যদি প্ৰেম দৈহিক আকৰ্ষণ হয় বা ক্ষন্তেকীয়া মনোৰঞ্জন হয় তেন্তে আমি সেই প্ৰেমিক যুগলৰ দুয়োজনে নহ'লেও কোনোবা এজনে প্ৰেম কৰা যেনহে লাগে। তেতিয়া তাত এই কথাষাৰ অৰ্থহীন হৈ পৰে যে " প্ৰেম কৰা নেযায়। প্ৰেম হৈ যায়।"
অতীতৰ ৰোমিঅ'-জুলিয়ট, জংকী-পানৈ, হীৰ-ৰাঞ্জা আদি যি সমূহ প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন আছে। সেই প্ৰেমক আমি পবিত্ৰতাৰ সাজ পিন্ধাই আজিও সোঁৱৰোঁ বা উদ্ধিতি দিওঁ। সেই প্ৰেমৰ গভীৰতালৈ সোমালে আমি স্বতঃস্ফুত ভাৱে হৃদয়ত জন্মা প্ৰেমৰ নিদৰ্শন পাওঁ। য'ত প্ৰেমৰ বাবেই জীৱনাহুতি দিয়া হৈছিল। অৱশ্যে আজিও এনে প্ৰেম কিছু কিছু পৰিমানে দেখা যায়। কিন্তু হ'লেও সি শতকৰা এভাগ হে বুলি ক'লেও কিজানি ভুল কোৱা নহ'ব।
অতীত আৰু বৰ্তমানৰ মাজৰ এই দুই পাৰ্থক্য প্ৰতি লক্ষ্য কৰিলে এটা বিৰাট ব্যৱধান আমাৰ চকুত পৰে। সেইয়ে প্ৰেমৰ সম্পৰ্কত মনত এটা প্ৰশ্ন উদয় হয় যে আধুনিকতাৰ ধামমুখীয়াত আমি আমাৰ চিন্তা শক্তি, ধৈৰ্য শক্তিৰ লগতে প্ৰেমৰ মহত্বকো পাহৰি পেলাইছোঁ নেকি ? সেয়ে মনত সাগৰৰ অশান্ত ঢৌৰ দৰে জোৱাৰ তুলি থকা প্ৰশ্নটি আপোনালোকৰ বিবেচনাৰ বাবে আগবঢ়ালোঁ "আমি প্ৰেমত পৰোঁ নে প্ৰেম কৰোঁ ?"

পৃষ্ঠা ৩৫
শিশু বিশেষঃ
শিশুৰ বৌদ্ধিক বিকাশত বংশগত প্ৰভাৱ

জ্যোতিমণি শইকীয়া বৰুৱা
টেকেলা গাঁও,যোৰহাট।

টি নৱজাত শিশুৰ জন্মৰ লগে লগে ঘৰখন আনন্দমুখৰ হৈ পৰে। শিশুটিৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ অন্য লোক সকলৰ আনন্দ-উল্লাস, মৰম-চেনেহ আৰু নানা আশা-আকাংক্ষ্যাৰে শিশুটিৰ নতুন জীৱনটি মহীয়ান কৰি তোলে। কিয় বাৰু এনে আনন্দ-উল্লাস ? কাৰণ বোধহয় এয়ে যে, শিশুটি ডাঙৰ হ'ব, সজ-চৰিত্ৰৰ অধিকাৰী হ'ব আৰু প্ৰয়োজনীয় শিক্ষা আহৰণ কৰি পৰিয়াল তথা সমাজৰ হিত সাধন কৰিব।
এতিয়া মূল বিষয় হ'ল যে শিশুৰ বৌদ্ধিক বিকাশত বংশগতিৰ প্ৰভাৱ কিদৰে পৰে ?
প্ৰকৃতিয়ে সংলক্ষণ, সামথ্যতা, সক্ষমতা আদিক বুজাই, যিবোৰ মানুহে বংশগতিৰ ভাৱে মাক-দেউতাকৰ পৰা অৰ্জন কৰে। ই এনে কিছুমান কাৰকক সামৰি লয় যি পূৰ্বনিৰ্ধাৰিত, বংশগতিৰ দ্বাৰা উন্মোচিত - এনে এটা প্ৰক্ৰিয়া হ'ল পৰিপক্কতা। এই বংশগত জৈৱিক শক্তিয়ে এটা জীৱকোষৰ পৰা অসংখ্য জীৱকোষৰ সৃষ্টি কৰি সম্পূৰ্ণ মানৱ দেহটোক গঠন কৰে(Feldman,2010)।
বংশগতিৰ প্ৰভাৱতেই মানুহৰ চকু মুগা বৰণৰ বা নীলা হয়, মূৰৰ চুলি ঘন বা পাতল হয়। শিশুসকলৰ মাজৰ মৌলিক পাৰ্থক্য উদ্ভৱৰ মূল উৎস হৈছে বংশানুক্ৰমন। শিশুৱে জন্মৰ লগে লগেই পিতৃপুৰুষ আৰু মাতৃপুৰুষ উভয়ৰে পৰা কিছুমান বিকাশ সংবহন কৰে।
বংশগত পটভূমিৰ ওপৰত আমাৰ কিছুমান ব্যৱহাৰ নিৰ্ভৰশীল। এই ব্যৱহাৰ উপযুক্ত পৰিৱেশত সুপ্ত হৈ থাকে। বংশগতিয়ে বৌদ্ধিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বেছিসংখ্যক বিকাশমূলক মনোবিদে বিশ্বাস কৰে যে বুদ্ধিৰ ক্ষেত্ৰত থকা ব্যক্তিগত বৈষম্য প্ৰধানকৈ বংশগতিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু পৰিৱেশৰ ভূমিকাও উল্লেখযোগ্য।
শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত প্ৰতিপালন, শিক্ষা, খেলা-ধূলা আদিৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভালপোৱা আৰু প্ৰতিপালনে শিশুৰ সামাজিক আৰু আৱেগিক বিকাশৰ ভেঁটি স্থাপন কৰে। "ঘৰ খনেই শিশুৰ আচল শিক্ষাৰ ঠাই"। ঘৰুৱা শিক্ষা শিশুৰ ক্ষেত্ৰত উপযুক্ত হ'লে ভৱিষ্যতে সুনাগৰিক হোৱাৰ সম্ভাৱনা প্ৰকট। খেলা-ধূলাইও শিশুৰ বৌদ্ধিক বিকাশত সহায় কৰে।
মাতৃ গৰ্ভত মানৱ জীৱকোষে  স্থিতি লোৱাৰ পিছৰ পৰাই বিকাশ প্ৰক্ৰিয়া আৰম্ভ হয়। মুঠতে বংশগতিৰ সামৰ্থ্যই ব্যক্তিৰ বিকাশ অদ্বিতীয় হিচাপে গঢ়ি তোলে আৰু পৰিৱেশে মানুহৰ ওপৰত প্ৰভাৱ পেলোৱা ভৌতিক আৰু সামাজিক চৰ্ত সমূহ অন্তৰ্ভুক্ত কৰে।
পৰিয়ালৰ বিকাশৰ সাদৃশ্যই শিশুৰ বৌদ্ধিক বিকাশত বংশগতিৰ প্ৰভাৱকে সূচায়।

পৃষ্ঠা ৩৬
ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ১৮
মাদুৰাই

শমীষ্ঠা বৰ্মন
নতুন দিল্লী

'ৰামেশ্বৰম'ৰ পৰা আমি পুৱা প্রায় চাৰে দহমান বজাত 'মাদুৰাই' অভিমুখে ৰাওনা হৈছিলোঁ ৷
সামান্য  কিছুদূৰ বাট আগুৱাই যোৱাৰ পাছত 'ড্রাইভাৰ'জনে এঠাইত গাড়ীখন ৰখাই আমাক নামিবলৈ কৈছিল ৷ সেই ঠাইত হেনো চাবলগীয়া বিশেষ কিবা আছে ৷ আমি আটায়ে গাড়ীখনৰ পৰা নামি গৈ ৰাস্তাৰ কাষতে থকা মন্দিৰৰ দৰে এটি 'মিউজিয়াম' দেখা পাইছিলোঁ ৷ আটায়ে জোতা- চেণ্ডেলবোৰ খুলি তাৰ ভিতৰলৈ সোমাইছিলোঁগৈ ৷ তাত ৰাম-লক্ষ্মণ , হনুমান আৰু বানৰ সেনাৰ মূর্তিবোৰৰ সতে সেতুবন্ধনৰ সময়ত ব্যৱহাৰ হোৱা শিলৰ  সংৰক্ষণ দেখিবলৈ পাইছিলোঁ ৷ তাৰ উপৰিও পানীত ওপঙা শিলৰো নমুনা দেখিবলৈ পাইছিলোঁ ৷ 
ওপঙা শিল চাই পুনৰ গাড়ীত উঠি কিছুদূৰ আগবাঢ়ি আহি ৰামেশ্বৰমৰ  'পেই কাৰুম্বু' নামৰ ঠাইখন ( Pei karumbu ) পাইছিলোঁ ৷ সেই ঠাইত Dr APJ Abdul kalam National Memorial চাবলৈ পুনৰ গাড়ীৰ পৰা নামিছিলোঁ ৷ বৰ সুন্দৰ 'মেমোৰিয়েল' , ২০১৭ চনৰ জুলাই মাহত ইয়াৰ উদ্ঘাটন কৰা হৈছিল ৷ অর্থাৎ আমি যোৱাৰ কেইমাহমান আগতে উদ্ঘাটন কৰা হৈছিল ৷ 
'মেমোৰিল'ৰ বাহিৰ-ভিতৰ ভালদৰে ঘূৰি-পকি এইবাৰ আমি পুনৰ 'মাদুৰাই' অভিমুখে ৰাওনা হৈছিলোঁ ৷ কিছুদূৰ আগুৱাই যোৱাৰ পাছত Pamba Bridge খন পালোঁ ৷ 'ৰামেশ্বৰম'লৈ আহোঁতে আমি ৰেলেৰে 'পম্বন ব্রিজ' পাৰ হৈ আহিছিলোঁ ৷ এইবাৰ গাড়ীৰে স্থল পথেৰে যাওঁতে পুনৰ 'পম্বন ব্রিজ' দেখিবলৈ পাইছিলোঁ ৷ তাত আমি জাহাজ পাৰ হৈ যোৱা দৃশ্য চাবলৈ কিছুপৰ ৰৈছিলোঁ ৷ স্মৃতিস্বৰূপে কেবাখন ছবিও তুলিছিলোঁ ৷ তেনেতে পানীত জাহাজ এখন আহি আছিল ৷ জাহাজখন আহি পাওঁতেই 'ব্রিজ'খন দুভাগ হৈ গৈছিল আৰু জাহাজখন পাৰ হোৱাৰ পাছতেই 'ব্রিজ'খন পুনৰ লগলাগি গৈছিল ৷ এনেকুৱা দৃশ্য আমি কোনোৱে পূর্বতে দেখা পোৱা নাছিলোঁ ৷
সেই ঠাইৰ পৰা পুনৰ  'মাদুৱাই' অভিমুখে আমাৰ যাত্রা আৰম্ভ হৈছিল ৷  মাজ বাটত দুপৰীয়াৰ আহাৰ গ্রহণ কৰি  প্রায় ১৭৫ কিঃমিঃ বাট অতিক্রম কৰি তিনি ঘণ্টামানৰ অন্তত আমি 'মাদুৰাই'ত উপস্থিত হৈছিলোঁগৈ ৷ বাটে বাটে তাল গছ , নাৰিকল গছ, তেতেলি গছ আদি  বিভিন্ন ধৰণৰ গছ-গছনি দেখিবলৈ পাইছিলোঁ ৷
'মাদুৰাই' তামিলনাডুৰ 'ভেইগেই' ( Vaigai River ) নদীৰ দক্ষিণ তীৰত অৱস্থিত এখন পুৰণি চহৰ ৷ ইয়াত বহুত ঐতিহাসিক সৌধ আছে ৷ আমি কেৱল দুটি বিশেষ ঐতিহাসিক স্থানলৈ গৈছিলোঁ ৷ প্রথমতে গৈছিলোঁ 'তিৰুমালাই নায়ক' ( Tirumalai Nayak Palace ) নামৰ পুৰণি ৰাজপ্রাসাদলৈ ৷ টিকট লৈ আমি আটায়ে ভিতৰলৈ সোমাই গৈছিলোঁ ৷ প্রকাণ্ড ৰাজপ্রাসাদৰ ভিতৰত দ্রাবিড়ীয় কাৰুকার্য্যৰ বহুতো নিদর্শন দেখিবলৈ পোৱা গৈছিল ৷ একালত নিশ্চয় এই প্রাসাদ ৰজা-ৰাণী তথা ৰাজপ্রাসাদৰ অন্যান্য সদস্যৰে ৰজণজনাই আছিল ৷ আজি ইয়াৰ সতে কেৱল স্মৃতিহে জড়িত হৈ আছে ৷ প্রাসাদৰ নিচেই কাষত প্রাসাদৰ ভগ্নপ্রায় আৰু জৰাজীর্ণ কিছু অংশও চকুত পৰিছিল ৷  
পুৰণি ৰাজমহলৰ পৰা ওলাই আমি মীনাক্ষী মন্দিৰলৈ গৈছিলোঁ ৷ তাত আমি চুলিত 'গজ্রা' লগোৱাৰ হেঁপাহ পূৰণ কৰি লৈছিলোঁ ৷ মন্দিৰৰ বাহিৰত মানুহৰ বৰ ভীৰ আছিল ৷ গধূলি নির্দ্দিষ্ট সময়তহে মন্দিৰৰ দ্বাৰ খুলি দিয়া হয় ৷ ইয়াৰ পূর্বে দীঘল শাৰীত থিয় হ'ব লাগিছিল ৷ মন্দিৰৰ কেবাখনো মুখ্য দ্বাৰ আছে ৷ প্রত্যেক দ্বাৰৰ বাবে পৃথকভাৱে শাৰী পতা হৈছিল ৷ পুৰুষ আৰু মহিলাসকলৰ পৃথক পৃথক শাৰীবোৰত বৰ কঠোৰভাৱে সুৰক্ষাৰ ব্যৱস্থা কৰা আছিল ৷ 'মোবাইল ফোন' অথবা 'কেমেৰা' ভিতৰলৈ লৈ যোৱা নিষেধ আছিল ৷ খুব সম্ভৱ আমি দক্ষিণ দ্বাৰেৰে প্রৱেশ কৰিছিলোঁ ৷ 
মীনাক্ষী মন্দিৰক Meenakshi Amman Temple অথবা Meenakshi Sundareshwarar Temple বুলিও কোৱা হয় ৷ দেৱী পার্বতীৰ আন এক ৰূপ মীনাক্ষী আৰু মহাদেৱৰ আন এক ৰূপ সুন্দৰেশ্বৰ ৷ প্রকাণ্ড আকাৰৰ মন্দিৰৰ ভিতৰৰ  বেৰবোৰত দ্রাবিড়ীয় কাৰুকার্য্যৰ সুন্দৰ নিদর্শন দেখিবলৈ পোৱা যায় ৷ মন্দিৰৰ ভিতৰত বিভিন্ন দেৱ-দেৱীৰ মূর্তি আছিল ৷ মীনাক্ষী দেৱী আৰু সুন্দৰেশ্বৰৰ মূর্তি বৰ আকর্ষণীয় আৰু সুন্দৰ আছিল৷ এই মূল স্থানলৈ এটি নির্দ্দিষ্ট সীমাৰ পৰা বিদেশী অথবা হিন্দু ধর্মাৱলম্বী লোকৰ বাহিৰে আন ধর্মৰ লোকক প্রৱেশ কৰিবলৈ দিয়া হোৱা নাছিল৷
তামিল নাডুৰ মাদুৰাইৰ 'মীনাক্ষী' মন্দিৰৰ বিষয়ে কিতাপত পঢ়োতে ইয়াক চোৱাৰ দুর্বাৰ হেঁপাহ মনত জাগিছিল ৷ সেই হেঁপাহ যেন পূর্ণ হৈ পৰিল ৷ মন্দিৰৰ ভিতৰতকৈ তাৰ বাহিৰৰ কাৰুকার্য্যই মোক বেছি আকর্ষিত কৰিছিল ৷ ওপৰলৈ চাই চাই হেঁপাহ পলোৱা নাছিল৷
মন্দিৰৰ চৌপাশৰ দৃশ্যবোৰ ভালদৰে চাই আমি গাড়ীখন থোৱা ঠাইলৈ যাবলৈ উদ্যত হওঁতে প্রথমতে মোৰ ল'ৰাটোৰ পেটৰ বিষ উঠিলত দেউতাকে তাক লৈ শৌচালয় বিচাৰি গৈছিল ৷ সিহঁত গৈ শৌচালয় নাপাওঁতেই মোৰো হঠাৎ ভয়ঙ্কৰ ৰূপে পেট বিষাবলৈ ধৰিছিল ৷ মই খোজেই কাঢ়িব পৰা নাছিলোঁ ৷ এওঁ লগত 'মোবাইল' লৈ যোৱা নাছিল ৷ সেইবাবে শৌচালয় ক'ত আছে সেইটোও সুধিব পৰা নগৈছিল ৷ মহাই দৌৰা-দৌৰি কৰি শৌচালয় বিচাৰি মোক তালৈ লৈ গৈছিল ৷ মোৰ বৰ লাজ লাগিছিল যদিও সেই সময়ত উপায়ন্তৰ হৈ পৰিছিলোঁ ৷ পৰিষ্কাৰ শৌচালয় পাই দেহাটো কিছু পাতল কৰি স্বস্তিৰ নিশ্বাস লৈছিলোঁ ৷ খোৱা-বোৱাত অনিয়ম আৰু নানা প্রকাৰৰ খাদ্য খোৱা বাবে হয়তো আমাৰ এই দশা হৈছিল ৷ 
এইবাৰ আমি ৰামেশ্বৰমৰ পৰা অহা 'ড্রাইভাৰ'জনক বিদায় দি ৰেলেৰে 'কন্যাকুমাৰী' অভিমুখে যাত্রা কৰাৰ পৰিকল্পনা আছিল ৷ কিন্তু 'ড্রাইভাৰ'জনে আমাক ৰেল 'ষ্টেচন'ত নমাই দিয়াৰ পাছত মহা আৰু আমাৰ এওঁৰ লগত একাষৰীয়াকৈ বিশেষ আলোচনা কৰাত লাগি যোৱা দেখিছিলোঁ ৷ তাৰ পাছতেই পূর্ব পৰিকল্পনাৰ সামান্য সাল-সলনি হৈ পৰিছিল ৷ গাড়ীখন 'মাদুৰাই'ত নেৰি সেইখনত আমাৰ বস্তু-বাহানিবোৰ ভৰাই দি আমি ৰাতিৰ ৰেলেৰে 'কন্যাকুমাৰী' অভিমুখে ৰাওনা হ'বলগীয়া হৈছিল ৷ বস্তু-বাহানিবোৰ লৈ গাড়ীখন 'কন্যাকুমাৰী'লৈ গৈ আমাক লগ কৰাৰ কথা আছিল ৷  মনে মনে ভয়ো লাগিছিল নিজৰ বস্তু-বাহানিবোৰ অচিনাকি মানুহ এজনৰ হাতত দি গুচি যোৱা বাবে ৷ অৱশ্যে প্রয়োজনীয় কাগজ-পত্রবোৰ আমি লগত লৈ গৈছিলোঁ ৷ হঠাতে পৰিকল্পনাৰ এইদৰে সাল-সলনি হোৱাৰ কাৰণ আছিল পূর্ব পৰিকল্পনাৰ বাহিৰৰ আন এখন ঠাইলৈ 'ড্রাইভাৰ'জনে লৈ যাব বুলি কৈছিল ৷ তাৰ বাবে তাক 'এজেণ্ট'জনে গম নোপোৱাকৈ সামান্য টকা দিব লাগিব ৷ যাৰদ্বাৰা তাৰো কিছু লাভ হ'ব আৰু আমাৰো নতুন ঠাই এখন চোৱা হ'ব ৷ মনত যদিও কিছু সন্দেহ উপজিছিল তথাপিও প্রস্তাৱটো বেয়াও লগা নাছিল ৷

পৃষ্ঠা ৩৭
নীলা খামৰ চিঠি ঃ

মৌচুমী গগৈ
মাৰ্ঘেৰিটা (অসম)
...........................

প্ৰতি,             
অনুৰাগ প্ৰণয়                                   
     
     পোন প্ৰথমে তোমালৈ যাচিছোঁ মোৰ এমুঠি প্ৰগাঢ় ভালপোৱা। আশা কৰোঁ সম্পূৰ্ণ অন্ত:কৰণেৰে আদৰি ল'বা। দূৰভাষেই আজিৰ যান্ত্ৰিকতাত সংযোগৰ শেষ সীমা। পৰিধি অতিক্ৰম কৰিব নোৱাৰি যন্ত্ৰণাকাতৰ অনুভৱবোৰে হৃদয়ৰ আৱেষ্টনীত কোলাহল কৰি উঠে। সেয়ে লিখিছোঁ সকলো সামৰি যদিও লিখা ভাগেই থাকি গৈছে কাহানিও নিলিখা বহু চিঠি, আজিলৈকে দিয়াহে হোৱা নাই। শেষবাৰৰ বাবে পুন: লিখিছোঁ। মোৰ এই  বিলাপ শুনি আকৌ বিৰক্ত নহ'বা তুমি। তুমিতো জানাই মইহেন অভাগিনী হ'বলৈ গৈ আছোঁ তোমাৰ ভৱিষ্যত অৰ্ধাঙ্গিনী। অভিযোগ মোৰ কাহানিও শেষ হোৱা নাই আৰু নহয় কেতিয়াও। সেইবুলিয়েই তুমি নাযাবা উভতি ইংৰাজী বৰ্ণমালাটিৰ 'য়ু' আকৃতি লৈ চেতন ভগতৰ ' হাফ্‌ গাৰ্লফ্ৰেণ্ড'ৰ শিৰোনামেৰে দোমোজাৰ বাটত মোক প্ৰেমৰ অৰ্ধ সঙ্গিনী সাজি। ভালপাওঁ তোমাক; সেয়েহে খং, অভিমান, অভিযোগবোৰ প্ৰকাশ কৰিব বিচাৰোঁ মাথোঁ তোমাৰ সন্মুখত । তোমাৰ বাহিৰে কোন আছে মোৰ আপোন ? মা-দেউতাৰ ছাঁয়াহীন জীৱনত মাথোঁ তুমিয়েতো মোৰ সৰ্বস্ব। মাথোঁ তোমাৰ ভালপোৱা নামৰ গোটটোৰেইতো তোমাৰ মইজনী একমাত্ৰ 'লেডী ডন'..তোমাৰ বিবেকৰ 'ষ্টুডিঅ'ত একমাত্ৰ বেনামী যুক্তিবাদী 'মহিলা প্ৰতিবেদক'..তোমাৰ ভাষাৰেই । 
     কি যে কথাবোৰ কোৱা তুমি কেতিয়াবা, বৰ হাঁহি উঠে, দুখো লাগে । ভালো লাগে তোমাৰ আলসুৱা ভাৱবোৰ । কিন্তু পৰিস্ফুট হ'বলৈ নিদি এটা খং জাৰি নেপথ্যত মুখত সোপা দি হাঁহো । শুনিছোঁ বোলে, 'তুমি তোমাৰ ভালপোৱা আৰু মৰম সিমান পৰিমাণেহে দিবা; যিমান পৰিমাণৰ অৱহেলা তুমি তোমাৰ প্ৰিয়জনৰ পৰা ভৱিষ্যতে সহিব পাৰা' ।
     কথাষাৰ সঁচা যেনেই লাগে । যেতিয়ালৈকে তুমি মোৰ ভালপোৱাৰ গভীৰতাৰ উমান পোৱা নাছিলা তেতিয়ালৈকে ঠিকে আছিলা । হয়তো হেৰাই যোৱাৰ সংশয়ে তোমাক মোৰ প্ৰতি অধিক মনোযোগ বান্ধি ৰখাত উদগণি দিছিল । কিন্তু, যেতিয়াই এই কথা আৱিস্কাৰ কৰিলা, সলনি হোৱাৰ কথাতো নাছিল। আজি পিছে সলনি হ'লা। তুমি আৱিস্কাৰ কৰিলা, তোমাৰ তীক্ষ্ণ বাক্যবাণত মই মৰোঁ। মৰি উঠিও বাৰে বাৰে প্ৰেমত পৰোঁ। উপাই নাই কি কৰোঁ ! দুৰ্বল হিয়া যে মোৰ বিৰহৰ অগ্নিকণাত নিজেই নিজক দহন কৰোঁ।
      তথাপিও সহ্য কৰোঁ । অপেক্ষাত থাকো কিজানি বুজি পোৱা তুমি মোৰ মৌনতাৰ ভাষাবোৰ। কি কৰোঁ ! জীৱনৰ সমস্ত দিনলিপি তোমাৰ আগত ৰাখি বুজাবলৈ প্ৰকাশিকা শক্তি মোৰ খুবেই দুৰ্বল জানা। আজিকালি তোমাৰ উষ্ম দুটি ওঁঠত কোমল পৰশা অনুভৱ বিচাৰি নাপাওঁ। চিগাৰেটৰ ধোঁৱাত মৰমৰ সুগন্ধিমুক্ত, সন্দেহৰ কোমল দুৰ্গন্ধহে পাওঁ। যিয়ে মোৰ হৃদয় কুঠৰীৰ কোনো এক অক্ষত স্থানত  প্ৰেমৰ কৰ্কট ৰোগৰ বীজাণু বিয়পাইছে। নাপাওঁ তোমাৰ উন্মুক্ত বাহুবন্ধনত  আগৰ সেই প্ৰশ্ৰয়ৰ মিঠা সান্ত্বনা, বিপৰীতে পাওঁ প্ৰতাৰিত অনুভৱৰ এক কোমল যন্ত্ৰণা। বৰ কষ্ট পাইছোঁ অ' এনেদৰে। চিঠিখন বেছি দীঘলীয়া নকৰোঁ জানা, নিবিচাৰোঁ অতিষ্ঠ কৰিব তোমাক। এটাই অনুৰোধ থাকিল, এটি সমিধান দি যাবা মাথোঁ। কাষত থাকিও অজুহাত দেখুৱাই আঁতৰি থকাৰ সলনি। এই সম্পৰ্কই বিচ্ছেদৰে কামনা কৰে নেকি ? যদি হয় হওক। তথাপি ভালপাই থাকিম। যদি মনোভাৱবোৰ বুজি উঠো এদিন এজনে আনজনৰ, স্বীকাৰ কৰিব পাৰোঁ মৰ্যাদাৰ ভাৰসাম্য ৰাখি ভালপোৱাবোৰ । আকৌ মিলিত হ'ম দুয়ো দুয়োতে । নহ'লে যে যুক্তি-তৰ্ক, সন্দেহ-বিবাদ, বিৰহ আৰু বিচ্ছেদৰ অন্তৰ্মুখী সংঘাতত আমাৰ প্ৰেমৰ পূৰ্ণতালৈ অৱসাদ নামি আহিব ধৰিছে প্ৰিয়।
       সাদৰেৰে গ্ৰহণ কৰিবা মোৰ এই চিঠিখন। ৰঙবিহীন জীৱনৰ এটি কাগজৰ টুকুৰাত  ৰঙীন কৰিব খোজোঁ মাথোঁ আমাৰ মৰমৰ স্মৃতিবোৰ। ভালপোৱাৰ সপোনবোৰ সজাই তুলিব বিচাৰোঁ নানাৰঙী তুলিকাৰে। অন্তত মোৰ কবিতাৰ এটি তুচ্ছ কলিৰে তোমাৰ উত্তৰৰ প্ৰতীক্ষাত...
           'যন্ত্ৰণাৰ বিষ বাষ্প
                     নিবিলাবা সখী
           বিলোৱাহি যদি পাৰা
                   শূণ্য হিয়াত মোৰ
           একাঁজলী প্ৰেমৰ সুগন্ধি..।'
প্ৰান্তত 
তোমাৰ
'মাইনি'

পৃষ্ঠা ৩৮
গ্ৰন্থ পৰ্যালোচনাঃ


গ্ৰন্থ: মৌন ওঁঠ মুখৰ হৃদয়

গ্ৰন্থকাৰ: য়েছে দৰজে ঠংচি৷
প্ৰকাশক: অনন্ত হাজৰিকা৷ বনলতা,পাণবজাৰ,গুৱাহাটী-১ 
প্ৰথম সংস্কৰণ: অসম সাহিত্য সভা অধিৱেশন,২০০১চন৷
দশম সংস্কৰণ: চেপ্তেম্বৰ,২০১৮
মূল্য: ১১০টকা
পৃষ্ঠা: ১৭৫
ISBN- 81-7339-310-9

আকাংক্ষা বৰা
নাৰী অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

২০০৫ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত তথা ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰ প্ৰাপ্ত "মৌন ওঁঠ মুখৰ হৃদয়" পদ্মশ্ৰী, য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত উপন্যাস৷ গ্ৰন্থাকাৰে প্ৰকাশ হৈ ওলোৱাৰ আগতেই উপন্যাসখন ১৯৯১চনত "প্ৰান্তিক" আলোচনীত খণ্ড খণ্ডকৈ প্ৰকাশ হৈছিল৷ উপন্যাসখনত প্ৰতিফলিত হৈছে অৰুণাচল প্ৰদেশৰ পাহাৰীয়া জীৱনৰ বৰ্ণিল জীৱন গাথা৷
          উপন্যাসখন মূলতঃ পাহাৰ-ভৈয়াম একত্ৰিত কৰিব খোজা এটা স্থায়ী পথৰ নিৰ্মাণৰ ওপৰত আধাৰিত৷ প্ৰায় পঞ্চাশ দশকৰ এতিয়াৰ অৰুণাচল প্ৰদেশ তথা তেতিয়া উত্তৰ-পূব সীমান্ত অঞ্চল(NEFA) নামে জনাজাত পাহাৰীয়া ঠাইখনৰ বিভিন্ন দিশ গ্ৰন্থকাৰে আলোকপাত কৰিছে ৷ ইংৰাজ শাসনকালত এই পাহাৰীয়া অঞ্চলটোৰ উন্নয়নত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ৷ স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে দুৰ্গম অঞ্চলটোৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ সৈতে সংযুক্ত কৰিবৰ বাবে ব্যৱস্থা হাতত লয় ৷ পথ নিৰ্মাণ আছিল এই দিশত প্ৰথমটো খোজ ৷ কামেং সীমান্তৰ এক কঠিন অংশৰ বাট নিৰ্মাণৰ বাবে একেঠাইত গোট খাইছিল চেৰদুকপেন, নিচি, মনপা আদি জনজাতিৰ লোকসকল ৷ আদিতে ইটো জাতিয়ে সিটো জাতিৰ প্ৰতি পৰস্পৰৰ মনত শংকা, উৎকণ্ঠা পুহি ৰাখিছিল যদিও সময় বাগৰাৰ লগে লগে এই ধাৰণাসমূহ সলনি হ’বলৈ ধৰে৷ 
উপন্যাসখনত এক নিটোল প্ৰেম কাহিনীয়ে পোখা মেলিলেও তাৰ আলমত গ্ৰন্থকাৰে অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক বৰ্ণনা, পাহাৰীয়া জাতি-জনজাতিৰ ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, খাদ্যাভাস, সমাজ ব্যৱস্থাৰ সাৱলীল বৰ্ণনা আগৱঢ়াইছে৷ ইয়াৰ উপৰি গ্ৰন্থকাৰে পাহাৰীয়া জনজাতীয় মানুহৰ প্ৰকৃতিসুলভ মনৰ কোমলতা, সৰলতাৰ সৈতে ৰূঢ় বাস্তৱৰ সংঘাতৰ সুন্দৰ বৰ্ণনা আগৱঢ়াইছে৷
   সম্পূৰ্ণ ভিন্ন ভাষা-ভাষী হোৱা সত্বেও জনজাতীয় লোকসকলে তেওঁলোকৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সমিলমিলেৰে কাম কৰি দুৰ্গম ঠাইখনত উন্নয়নৰ আধাৰশিলা প্ৰতিষ্ঠা কৰিছিল৷ আধুনিকতাৰ বাটত শিক্ষা, যাতায়ত, স্বাস্থ্য আদিৰ প্ৰয়োজনীয়তা জনজাতীয় লোকসকলে বাৰুকৈয়ে বুজি উঠিছিল ৷ এইক্ষেত্ৰত চেৰদুকপেন দলৰ মূল মানুহ ৰিনচিন নৰবু আৰু নিচি দলৰ মূল মানুহ তাদাক নাতুঙৰ দায়ৱদ্ধতা, কৰ্তব্যপৰায়ণতা নিসন্দেহে প্ৰশংসনীয়৷
গ্ৰন্থকাৰৰ ভাষাত- "এই পথ নিৰ্মাণ প্ৰক্ৰিয়া শেষ হ’লে ভৈয়ামৰ সৈতে পাহাৰ সংলগ্ন হ’লে, শিক্ষাৰ পোহৰ বিলাবলৈ জনজাতীয় মানুহৰ স্বাস্থ্যৰ সেৱা কৰিবলৈ, সিহঁতৰ উন্নতিৰ হকে, সিহঁতৰ মঙ্গল কাৰ্যৰ বাবে বহুতো ভাল ভাল মানুহ আহিব এই বাটেদি৷"
আকৌ আশাৰ লগতে আন এক শংকাই গ্ৰন্থকাৰক ব্যথিত কৰি তুলিছে- "কিন্তু আজি উন্নতিৰ নামত এই হাবি-বননি, নদ-নদীও আক্ৰান্ত, ধেনু-কাড়ৰ ঠাইত আজি বন্দুক-বাৰুদ; জাল-চেপা আদিৰ ঠাইত ধ্বংসাত্মক ৰাসায়নিক দৰৱ আৰু ডিনামাইটৰ প্ৰচলনেৰে হাবিৰ জীৱ-জন্তু, চৰাই-চিৰিকটি, নদীৰ মাছ-কাছ আদিক শেষ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ঘোষ, হাজৰিকা, যাদৱহঁতৰ নিচিনা মানুহে আহি সৰল জনজাতিৰ জীৱন জটিল কৰি তুলিব৷"
এই ক্ষেত্ৰত গ্ৰন্থকাৰৰ শংকাৰ যুক্তিযুক্ততা নুই কৰিব নোৱাৰি ৷ উন্নতিৰ নামত বনাঞ্চল ধ্বংস, জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি অহাতো নিশ্চিত ৷ ঠিক তেনেদৰে বাহিৰা কৃষ্টি-সংস্কৃতি, ৰীতি-নীতিৰ গ্ৰাসত জনজাতীয় সংস্কৃতিৰ প্ৰতি বিৰূপ প্ৰভাৱ পৰিব৷ প্ৰগতি আৰু অৱলুপ্তিৰ দ্বন্দ্ব উপন্যাসখনৰ উল্লেখনীয় দিশ৷
উপন্যাসখনৰ পটভূমি আৰু বিষয়বস্তুৰ প্ৰয়োজনত গ্ৰন্থকাৰে একেজন চৰিত্ৰৰ মুখত দুইধৰণৰ ভাষা ব্যৱহাৰ কৰিছে আৰু পৰিশিষ্ট অংশত জনজাতীয় শব্দসমূহৰ অৰ্থ ব্যাখ্যা কৰিছে৷

উপন্যাসখনত বৰ্ণিত পথ নিৰ্মাণ কামৰ সমান্তৰালভাৱে ৰিনচিন আৰু য়ামাৰ প্ৰেম কাহিনীয়ে গতি কৰিছে ৷ প্ৰেম আৰু বিবাহ যে দুটা সম্পূৰ্ণ সুকীয়া সত্বা, সেয়া উপন্যাসখনত ফুটি উঠিছে৷ ৰিনচিন আৰু য়ামাৰ নিবিড় প্ৰেম কিছু ক্ষেত্ৰত ভাষা এক অন্তৰায় হিচাপে গঢ় লৈ উঠিছে যদিও চকুৰ ভাষাৰে দুয়োজনে সামৰি লৈছে হৃদয়ৰ পুঞ্জীভূত সমস্ত ভালপোৱা৷ এইখিনিতে অন্তনিৰ্হিত হৈ আছে উপন্যাসখনৰ শিৰোনামাৰ সাৰ্থকতা৷

যদিওবা সামাজিক নিয়ম উংলঘা কৰি ঙিচাক জাতিৰ ৰিনচিন আৰু নিচি গাভৰু য়ামাই যুগ্মজীৱন পাতনি মেলাৰ সপোন দেখিছিল সেই সপোনে পূৰ্ণতা নাপালে ৷ ইয়াৰ জৰিয়তে পাঠকে অনুভৱ কৰিব পাৰিব জনজাতীয় সমাজৰ শিলৰ ৰেখাসদৃশ নিকপকপীয়া ভেটি তথা আদৰ্শৰ মৰ্মাৰ্থ৷
শেষত উল্লেখ কৰিব পাৰি সুন্দৰ ৰচনাশৈলী, ঘটনা-বৈচিত্ৰ্য, ভাৱৰ ঐককেন্দ্ৰিতাৰে সংম্পৃক্ত “মৌন ওঁঠ মুখৰ হৃদয়” প্ৰকৃতাৰ্থত ঠংচিদেৱৰ এক মননশীল সৃষ্টি৷

পৃষ্ঠা ৩৯
ৰেচিপিঃ


Paneer style egg curry
(কণীৰ পৰা তৈয়াৰী পনীৰৰ ৰেছিপি) 

বিন্দী বৰ্মন
টাউন-টিহু, নলবাৰী

উপকৰণ সমূহ:
কণী ৫টা , জালুকৰ গুড়ি (১/২ চাহ চামুচ), হালধি, আদা-নহৰু, বিলাহী ২টা , জলকীয়া ২টা, জলকীয়া গুড়ি (Red chilli) , গৰম মছলা, ধনীয়া গুড়ি, পিয়াজ ১টা , লং, ইলাচী, ডালচেনী, কাজু ৭/৮ টা, শুকান জলকীয়া, নিমখ (সোৱাদ অনুযায়ী)।

পদ্ধতি:
কণী ৫টা ভালকৈ ফেটি সোৱাদ অনুযায়ী নিমখ দি কেক টিং এটাত লৈ এটা কেৰাহীত অলপ পানী দি উতলাই তাৰ ওপৰত কেক টিংটো ১০মিনিটৰ বাবে ভাপত সিজাব। তাৰ পিছত পনীৰৰ দৰে আকৃতি দি তেলত ভাজিব। বিলাহী , আদা-নহৰু, পিয়াজ, জলকীয়া, কাজু খিনি ভালকৈ পেষ্ট বনাই ল'ব। এতিয়া গৰম তেলত শুকান মছলা (লং, ইলাচী, ডালচেনী, শুকান জলকীয়া) লগত অলপ গোটা জিৰা , জলকীয়া গুড়ি, হালধি, গৰম মছলা অলপ সময়ৰ বাবে এইখিনি লৰাই  তাত পেষ্ট খিনি দি ১০মিনিটৰ বাবে ভাজিব যাতে আদা-নহৰুৰ কেঁচা গোন্ধ নোহোৱা হয়। তাৰ পিছত ১/২গিলাচ পানী দি ৫মিনিট উতলা পিছত নমাই গৰমে গৰমে সুস্বাদু ৰেচিপিটো পৰিৱেশন কৰিব।

পৃষ্ঠা ৪০
ক/ লিমাৰিক

ববী দত্ত, টীয়ক।

(১)

অসমীয়া হৈয়ো নিজৰ ভাষা নকওঁ
ওস্তাদি দেখুৱাই ইংৰাজী কথা কওঁ
            আই লাভ ইউ মম
            মই তোৰ দৰে হম
বুঢ়া পাপা মামীক বৃদ্ধাশ্ৰমত থওঁ।

(২)

ৰাজনীতি মানে যে চুপি খোৱা মৰ্তন
খাব নাজানিলে জীৱন হ'ব কৰ্তন
          শক্তি থাকে মানে স্বাদ
          নাথাকিলে বৰবাদ
কৌশলী নহ'লে ধুব লাগিব বৰ্তন ।

(৩)

চলে বলে কৌশলে বহু ধন গোটালোঁ
ইলেকচন খেলি বহু টকা উৰালোঁ
          খঙত সৰিল চুলি
          পামনে  টকাৰ পুলি
এনেকৈ উদং হ'ম বুলি ভবা নাছিলোঁ।

(৪)

আনৰ সন্মুখত ফিতাহি কথা কওঁ
চলিব নোৱাৰিলেই ধন ধাৰে লওঁ
         ডাঙৰ ডাঙৰ কথা
         অভাৱত মাৰো মাথা
ঘৈণীৰ  কাষত মই কেঁচু যেন হওঁ ।

খ/ লিমাৰিক

আৰতি ফুকন
বুৰঞ্জী বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় 
স্নাতকোত্তৰ তৃতীয় ষাম্নাষিক
ভ্ৰাম্য- 60028 73682

(১)

নাৰী মানেই সোণতকৈও দামী অলংকাৰ
অন্যায়ৰ বিৰুদ্ধে সদায় দিয়ে ৰণহুংকাৰ,
দি যায় বিজয়ৰ ধ্বনি 
সুখৰ ক্ষণবোৰ গণি গণি
সকলো সমিধান দিব পাৰে জীৱনৰ অংকৰ।

(২)

হেলাৰঙে হাজাৰ ৰঙী কষ্টবোৰ বুজে
বিনাদ্বিধাই সকলো কাম মূল বুজি কৰে
এয়াই আমাৰ নাৰী
কথা নকয় সাজি পাৰি
ধাৰ ঋণ সকলোবোৰ সময়মতে শুজে।

পৃষ্ঠা ৪১
গল্পঃ
ৰঙহীন সেন্দূৰ

নমিতা তালুকদাৰ

: শুদা ৰঙাচাহ খাব নোৱাৰো মই। কেক আনি দে মোক।
:কি লাগে তোক ?
চুঙাটোৰে কেঁচা বাঁহখৰি কেইডালত ফুঁৱাই ফুঁৱাই পুতেকক ভেঁকাহি মাৰি উঠিল সেউতীয়ে।
: কেক খাম মই। অনুজ, নীলাভহঁতে সদায় পাঁচটকীয়া কেক্ খায়। মোক হে এপইচা নিদিয় তই।
: লাট চাহাবৰ বেটা। শুদা চাহ খাব নোৱাৰে। কেক্ লাগে। মোক কিয় কৈ আছ। দেউতাৰক নকৱ কিয় ?
ধোঁৱাই ধৰি চকুৰ পানী নাকৰ পানী একাকাৰ হোৱা সেউতীৰ বেলি দুপৰলৈকে শুই শুই বিছনা ভঙা গিৰিয়েকলৈ চাই ঘিণামিশ্ৰিত বিৰক্তিৰ ভাৱটো উকমুকাই আহিল।
: তোৰ হাতত দেখো টকা আছে। পাঁচ টকা দে। সদায় জানো খুজো।
: ক'ত পইচা আছে, হা ? খবৰদাৰ বুলি কৈছো। খবৰদাৰ।
: যা, নাখাওঁ যা চাহ।
ৰাতিপুৱা এনেদৰে উচাট মাৰি চাহ বাতিটো ঠেলি উঠি যোৱা আৰু এতিয়া শান্ত হৈ শুই থকা কণটিৰ মুখখনলৈ চাই দুখ এটা উজাই আহি সেউতীৰ ডিঙিটোত সোঁপা মাৰি ধৰে। কিন্তু এই দুখক লাই দিলে জানো হ'ব। বুকুৰ গাখীৰ এৰাৰে পৰা কণটিলৈ কিবাকৈ মেৰি বিস্কুট এপেকেট যোগাৰ কৰি আহিছে আজিলৈ।এপেকেট মেৰিৰে নিজে নাখাই তাক এখন দুখনকৈ দি কেইদিনমানলৈ নিশ্চিত হয় তাই। কাৰোবাৰ ঘৰত কাম কৰিবলৈ গ'লে সৌভাগ্যক্ৰমে যদি তাইৰ ভাগত কিবা ভাল খোৱা বস্তু মিলে সেইখিনি চাদৰৰ আঁচলত বান্ধি কণটিলৈ অনাত বাদে তাই আজিলৈ নিজাববীয়াকৈ অন্য খোৱাবস্তু কিনি দি পোৱা নাই তাক। ভোকৰ ভাতকেইটা যে কিবাকৈ যোগান ধৰিব পাৰিছে সেয়াই সেউতীৰ বাবে যথেষ্ট। মেৰি বিস্কুটে আমুৱা ল'ৰাজনক নতুন কিবা কিনি খোওৱাৰ সম্বল নথকা সেউতীৰ বুকুখন মোচৰ খাই উঠে। শুদা চাহপানীটোপা নাখালে মানুহ নমৰে। যদি ভাত কেইটাৰ যোগান ধৰিব নোৱাৰে, তেতিয়া ! চাউলকেইটাহে চৰকাৰৰ ঘৰৰ। বাৰীৰ পৰা কচু, ঢেকীয়াও বুটলিব বাৰু। কিন্তু নিমখ তেল খিনি !
ক'ৰণা মহামাৰীৰ বাবে ঘৰৰ পৰা ওলোৱা সোমোৱাত বাধা আৰোপ কৰাৰ পিছত বৰ কষ্টেৰে সাঁচতীয়া টকা কেইটাৰে প্ৰয়োজনীয় ৰেচনখিনি যোগাৰ কৰি টাকটুককৈ পাৰ কৰিলে চাৰিটা দিন। দেশৰ পৰিস্থিতি এনেকুৱা নোহোৱাহেঁতেন কণটিক দুবেলা দুমুঠি খুওৱাৰ চিন্তা তাইৰ নাই। কেৱল সেন্দূৰীয়া আলিটোতে অস্তিত্ব বৰ্তি থকা গিৰিয়েকৰ আৰ্জন খাবলৈ কৰা হাবিয়াসৰ শেষ বিন্দু আশাও এতিয়া তাইৰ মনত নাই। সম্পৰ্ক এটা চিঙো বুলি চিঙাটো তাইৰ দৰে মানুহৰ বাবে সহজ নহয় বাবেহে আজিও অকৰ্মণ্যটোৰ লগত একেখন চালিৰ তলতে থাকিবলৈ বাধ্য হৈছে সেউতী। তথাপি বেমাৰৰ ভয়তকৈ পুলিচৰ লাঠিৰ কোবলৈ ভয় কৰি চাৰিটা দিন গৃহবন্দী হৈ থকা মানুহটোলৈ দয়া ওপজে তাইৰ। দেই দেই ছাঁই হোৱা বুকুত এগচি আশাৰ বন্তি জ্বলে। কিজানি সময়ে এনেকৈয়ে আত্মগ্লানিৰ পাঠ এটি শিকাই যায় মানুহজনক। লাগিলে ঘৰত বহি বহিয়ে খাওঁক। সেইটুপি ধৰিলে যে মানুহটো পশুৰ শাৰীলৈ অৱনমিত হয়। কণটি ডাঙৰ হৈ আহিছে লাহে লাহে। তাক যদি সুস্থ পৰিৱেশ এটা দিব নোৱাৰে সি জানো এজন ভাল মানুহ হ'ব পাৰিব। নে দেউতাকৰ দৰেই...।
নাই নাই। সেয়া সপোনতো ভাবিব নোৱাৰে তাই।
কেও কিছু নোহোৱা ৰমেনলৈ তাইৰ মন মেলিছিল, যেতিয়া সি চাইকেলৰ কেৰিয়াৰ, হেণ্ডেলত বোজাই দি পাচলি মোনাবোৰ কঢ়িয়াই লৈ গৈছিল সিহঁতৰ পদূলিয়েদি। ঘৰে ঘৰে সেইবোৰ বিক্ৰী কৰি আহি কেতিয়াবা পানীখোৱাৰ, কেতিয়াবা তামোল খোৱাৰ অচিলা লৈ এপাক সিহঁতৰ ঘৰত সোমোৱাটো পিছলৈ ৰমেনৰ নিত্য-নৈমিত্তিক কাম হৈ পৰিছিল। অকালতে দেউতাকক হেৰুওৱাৰ পিছত মাকে চুবুৰীৰ ঘৰে ঘৰে কাপোৰ ধোৱা, ধান জাৰা, গোবৰ-মাটিৰে নতুনকৈ বন্ধা ঘৰৰ বেৰ মচা ইত্যাদি নানানটা কাম কৰি দুপইছা বা প্ৰতিদিনৰ বাবে দুমুঠি ধান-চাউল আৰ্জিছিল। দুজনীহে খাওঁতা। লাহে লাহে ডাঙৰ হৈ অহা সেউতীক লৈহে চিন্তা হৈছিল মাক ৰমলাৰ। ছোৱালী এজনীক লোকৰ ঘৰলৈ উলিয়াই দিয়াটো জানো সিহঁতৰ দৰে পেটে-ভাটে খাই থকা মানুহৰ বাবে সহজ কথা। এদিন চুবুৰীৰ এঘৰতে পাচলি বেপাৰী ৰমেনৰ স'তে চিনাকি হৈছিল মাকে। সেই সূত্ৰেই পাচলি বিক্ৰী কৰি ঘৰলৈ উভোতাৰ পথত সেউতীহঁতৰ ঘৰত পদাৰ্পণ ঘটিছিল ৰমেনৰ। সেউতী তেতিয়া পূৰ্ণ যৌৱনা। ৰমেনো এজন সুঠাম যুৱক। দুজন ডেকা-গাভৰুৰ চুপতা-চুপতিৰ আলম লৈয়ে যৌৱনৰ অচিনা ৰাগীয়ে দুয়োজনকে কাষ চপাই আনিছিল লাহে লাহে। ৰমেনৰ লগত মিলামিচাৰ ক্ষেত্ৰত মাক ৰমলাই সেউতীক কোনোদিনে বাধা প্ৰদান কৰা নাছিল। ক'বলৈ গ'লে ৰমলাই একপ্ৰকাৰ ভালেই পাইছিল। সৰুতে মাক-বাপেকক হেৰুওৱা ল'ৰা জনলৈ কেনেকৈ জীয়েকক গতাব পাৰে সেই চিন্তাতহে মগ্ন হৈছিল ৰমলা। বেলেগ সা-সম্পত্তি নাথাকিলেও পৈতৃক ভেটিটো ৰমেনৰ আছে। গতিকে কিনো কথা।জোৱায়েকৰ পাচলিৰ সৰু ব্যৱসায়েৰেও চলি যাব পাৰিব জীয়েকে। লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰোঁতে জীয়েকক শাল-পাত একোৱে শিকোৱা নহ'ল। পঢ়া-শুনা বুলি ক'বলৈও প্ৰাইমাৰী স্কুলেই শেষ ডেওনা। সকলোবোৰ অংক মনতে জুকিয়াই ৰমলাই ভাৱে-"সেউতীয়েও যদি হাত উজান দি দুই এঘৰত কাম বন কৰে সিহঁতৰ কথা আৰু চিন্তা কৰিবলগীয়া নাথাকিব।সন্ধিয়া হ'লে পানী টুপি ধৰি অহাৰ স্বভাৱটোও কিজানি সলনিয়ে হৈ যায় বিয়াৰ পিছত।" কেও কিছু নোহোৱা ল'ৰাজনে মনৰ বোজা পাতলাবলৈ সেইটুপি খোৱাটো একো দোষণীয় কথা হ'ব নোৱাৰে। এনেকৈ মনৰ মাজত হেজাৰটা সবল যুক্তিৰ ভৰষাতে এদিন সেউতীক মাকে গতাই দিছিল ৰমেনলৈ।কপালৰ বেলিটোৰ দৰেই সেউতীৰ মনটোও উজ্জ্বল হৈ পৰিছিল সিদিনা। ভবা মতেই ছমাহ-বছৰদিয়েক মসৃণ গতিতেই ঘূৰিছিল সেউতীৰ সংসাৰৰ চকা। কিন্তু তাইৰ সুখত যেন গ্ৰহণ লাগিব ধৰিছিল ক্ৰমাৎ। তাইক এৰি বেপাৰলৈ যাব নোখোজা স্বভাৱটোক প্ৰথমতে তাইৰ প্ৰতি ৰমেনৰ মৰমৰ টান বুলিয়ে মনতে সান্ত্বনা লভিছিল। তেতিয়াই তাইৰ গৰ্ভত থিতাপি লৈছিল সিহঁতৰ যুগ্ম জীৱনৰ চিন। তাইৰ শৰীৰৰ পৰিৱৰ্তনৰ লগে লগে লাহে লাহে যেন ৰমেনৰ আচৰণৰো পৰিৱৰ্তন ঘটিল।তাইৰ শপত খাই বিয়াৰ পিছৰ ছমাহমান সুৰা ত্যাগ কৰা ৰমেন ক্ৰমান্বয়ে ঘোৰ মদপী হৈ উঠিল। এই লৈ কমখন বাক্ বিতণ্ডা হোৱা নাই আজিলৈ ঘৰখনত। প্ৰতিদিনে মদৰ নিচা এৰাৰ পিছত তাক বুজাই বুজাই ভাগৰি পৰিছিল তাই।গিৰিয়েকৰ অতপালি সহ্য কৰি থকা অবলা নাৰী তাই নহয়। কিন্তু শেষলৈ তাইৰ প্ৰতিবাদী কণ্ঠ পুৰুষৰ দুখন সবল হাতৰ আক্ৰমণত ৰুদ্ধ হৈ গ'ল। কণটিৰ কথা ভাবিয়ে তাই মৌন হৈ পৰিল লাহে লাহে। কঠিন সিদ্ধান্ত ল'ব খুজিও ৰৈ যায় তাই। মূৰৰ ওপৰত বাপেকৰ ছাঁ নোহোৱা ল'ৰা-ছোৱালীবোৰক সমাজত কি দৃষ্টিৰে চোৱা হয় সেইয়া তাই দেখি আহিছে।
সেউতীৰ বুকু ভাঙি দীঘল হুমুনিয়াহ এটা সৰি পৰিল।
চুবুৰীৰ দাইটিৰ ঘৰত কাম কৰিবলৈ গৈ বহু নজনা কথা জনা হৈছে তাই আজিকালি।দাইটিৰ সাদৰী বোৱাৰীয়েকজনীয়ে কিমান যে ভাল ভাল কথা কয়। তাইৰ কথাৰ পৰাই সেউতী আজি দৃঢ়প্ৰতিজ্ঞ। দ্বিতীয় সন্তান এটাৰ কথা ভুলতো নাভাবে তাই। হস্পিতালত গৈ কিবা ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা তাইৰ নাই। গিৰিয়েকৰ পৰা দূৰত্ব বজাই ৰখাটো এতিয়া তাইৰ বাবে সহজ কাম। তাকো সকিয়াই দি থৈছে তাই কাহানিবাই। কিন্তু পানীটুপি ধৰি অহাৰ দিনাহে তাইৰ কলিজাটো কঁপি থাকে। তাই নিদিলে সোৰোপা মানুহটোৰ সেইটোপা কিনি খোৱাৰ সামৰ্থকণো যে নাই সেয়া তাই জানে। কিন্তু আজি তাইৰ মনটো বৰকৈ চোবাইছে।
সন্ধিয়াতে ওলাই যোৱা মানুহটো এতিয়াও উভতা নাই।চুবুৰীৰ নগেনে লুকাই-চুৰকৈ মদ বিক্ৰী কৰি থকা কথাটো তাইৰ কাণতো নপৰাকৈ থকা নাই। কিবা মনত পৰি খৰধৰকৈ উঠি গৈ ভয়ে ভয়ে বিছনাৰ ভৰি শিতানৰ উৱলি যোৱা তুলিখন দাঙি চালে তাই। তুলি বুলিবলৈ সেইখন আৰু আৰামদায়ক তুলি হৈ থকা নাই। চেগাচোৰোকাকৈ অ'ত ত'ত সিঁচৰতি হৈ থকা তুলাবোৰক ঢাকি থকা জৰাজীৰ্ণ মলিয়ন কাপোৰ টুকুৰাটোত তাইৰ পাকৈত হাতৰ সিয়নিয়েহে সেইখনক তুলি বুলি ক'ব পৰাকৈ ৰাখিছে। কিন্তু শুৱোঁতাইহে জানে চালপীৰাৰ তক্তাত লাগি বুকু-পিঠিৰ কেইডাল হাড় ভাঙে। অনুক্ৰমে ঘামি আহিল সেউতী। চেৰেঙকৈ গ'ল বুকুখন। এইবাৰ গাৰ জোৰেৰে জৰাজীৰ্ণ তুলিখনৰ এফাল দাঙি দিলে তাই। ফটা কানিখনৰ অ'ত ত'ত খেপিয়াই চাই মজিয়াত ধমহকৈ বহি পৰিল সেউতী। সাঁচতীয়া টকাবোৰ খৰচ হৈ পঞ্চাছ টকাহে ৰৈছিল মাত্ৰ। তাইৰ কলিজাটোহে যেন উলিয়াই লৈ গ'ল কোনোবাই। উৱাদিহ হেৰুৱাই মূৰে-কপালে হাত দি বহি ৰ'ল তাই। বিছনাৰ একাষে কুঁচি-মুচি শুই পৰা ল'ৰা ক'ণলৈ চাই হিয়া ঢাকুৰি ওলাই আহিব খোজা কান্দোনটো কোনোমতে চেঁপি ৰাখিলে সেউতীয়ে।
ধক্..ধক্..
দুৱাৰত ধকিওৱাৰ শব্দ। কাণ উণাই থিতাতে বহি ৰ'ল সেউতী।
ধক্...ধক্..
দুৱাৰৰ ধকিয়নিতকৈ তাইৰ কাণত ঠহৰ ঠহৰ কৈ বাজিছে দাইটিৰ বোৱাৰীয়েকে কোৱা কেইষাৰিমান কথা।
"তাৰ দৰে অকৰ্মণ্য মতা এটাৰ লগত কিয় এতিয়াও আছ তই। সি নহ'লেও তই চলিব পাৰিবি। বৰঞ্চ ভালকৈহে চলিব পাৰিবি। এতিয়া তয়েইতো খুৱাই আছ তাক।সেইবাবে চল পাইছে সি।ল'ৰাক ভাল কৰিব খুজিছ যদি গুচি আহ তাৰ বান্ধোনৰ পৰা। নহ'লে জীৱনভৰ প'ষ্টাবি তই।"
ধক্..ধক্..
কেইবাবাৰো জোৰেৰে দুৱাৰত ঢকিওৱাৰ অন্তত সেউতীয়ে দুৱাৰখন খুলি দিলে। ক্ষোভৰ জুইত আজি পুৰি চাই হৈ গৈছে স্বামীৰূপী পশুটোলৈ নতুনকৈ জাগিব খোজা তিলমাত্ৰ অনুকম্পা।
মদপী গিৰিয়েকৰ মুখলৈ চাই চৰম বিতৃষ্ণাৰে মাটিত থুৱাই কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ দমকলৰ পাৰ পালে তাই।
দোভাগ নিশাৰ নীৰৱতা ভংগ কৰি দমকলটোৱে বিকট শব্দ কৰি উঠিছে। শব্দ পাই ওচৰতে শুই থকা কুকুৰ এটাই ভুক ভুকাই উঠিছে।
নাই,আজি আৰু একোৰে প্ৰতি ভ্ৰুক্ষেপ নাই তাইৰ।সিদ্ধান্ত লোৱাৰ পৰা কোনেও আজি বাধা দিব নোৱাৰে তাইক।
তামোলৰ ঢকুৱাৰে নিজে সজা গা ধোৱা ঘৰটোৰ পৰা কাপোৰ ধোৱা চাবোন টুকু্ৰা আনি সেউতীয়ে ঘঁহি ঘঁহি ধুই পেলালে সেন্দূৰীয়া আলি।গালে মুখে বৈ অহা ৰঙা নদীতে আজি তাই বিসৰ্জন দিলে নাৰী জীৱনৰ প্ৰকৃত অলংকাৰ। যি অলংকাৰে তাইক শুৱাই নোতোলে সেই ৰংহীন অলংকাৰৰ ভাৰ আৰু সহিব নোৱাৰে তাই।
চাদৰৰ আঁচলেৰে মুখখন মচি লৈ পূৱ আকাশলৈ চাই ৰ'ল সেউতীয়ে। নিজৰ কপালৰ বেলিটোক দলিয়াই পেলাই কণটিৰ জীৱনলৈ তাই আনিব নতুন সূৰ্যোদয়। ইয়াৰ পৰাই কণটিক লগত লৈ তাই পাতনি মেলিব নতুন জীৱনৰ।অকলশৰীয়া মাকৰ আশ্ৰয়লৈকে গুচি যাব তাই।এজন কাপুৰুষক পুহি থকাতকৈ বৃদ্ধকালত মাকক দুমুঠি ভাতৰ যোগান ধৰি দায়িত্ব পালন কৰাটোহে পুণ্যৰ কাম হ'ব। তাই জানে। অন্তত দেশৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে দাইটিৰ ঘৰখনত সিহঁত দুজনৰ বাবে ঠাই অকণ নিশ্চয় ওলাব।

পৃষ্ঠা ৪২
জীয়াই থকাটো এক যন্ত্ৰণা

ৰাজশ্ৰী বৰা
গোলাঘাট

কিমান আৰু এনেকৈ ভাবি ভাবি থৰ‌ হৈ থাকিবি! উঠ, মুখ হাত ধুই দে। ল'ৰাটোক চা এবাৰ, তাকে উমলাই থাক চোন। মনটোকে পাতল‌ লাগিব।

দুখবোৰ গলাই পেলাবলৈ‌ কিমানবাৰ কৈছোঁ। কান্দি দে চোন। চা, তোৰ ফুল কুমলীয়া ল'ৰাটোলৈ চা, সি পিতৃহীন হৈছে। উঃ,ভগৱান !
  মায়ে চিঁয়ৰি চিঁয়ৰি কান্দিছিল। মই জঠৰ হৈ বহাতে বহি আছিলোঁ।সেইকেইদিন মোক কোনোবাই ইঠাইৰ পৰা সিঠাইলৈ লৰচৰ কৰাই দিলেহে মই হেনো নিজৰ জড় ৰূপটোৰ পৰা সলনি হৈছিলো। এইয়া অৱশ্যে মোৰ‌ মনত নাই।তেতিয়া মই মই হৈ‌ নাছিলো আৰু বহুবাৰ হেনো মই চিঁয়ৰিছিলো, 
অই , মোক এবাৰ আনি দে হত। আনি দে চোন মোক মোৰ ৰূপক। দাদা অ', তই যা চোন অ'।
   কোনেও আনি নিদিছিল ৰূপকক এবাৰলৈ মোৰ কাষলৈ। সি সিদিনা ঘৰলৈ আহি গৈছে । পৰিস্থিতি ভাল আছিল তেতিয়া। বহুবছৰৰ মূৰত এইবাৰ ভোট দান কৰিম বুলি  চাকৰিটোৰ পৰা দুদিনমানৰ ছুটী লৈ আমাৰ কাষলৈ আহিছিল। সি মোক যাবৰ সময়ত কৈছিল-এইবাৰ বিহুত নাহো ,জী থাকিলে পাছৰ বছৰ আমি একেলগে ৰাইজৰ আশীৰ্বাদ ল'ব পাৰিম। ভালকৈ থাকিবা। দেহটোক বৰ টানি নধৰিবা। সি এতিয়া সৰু হৈ আছে, এইয়া তাৰ দুষ্ট কৰাৰ সময়।
ভগৱান তুমি ক'ত ! সি কিয় মোক এনেকৈ...
 ৰূপাংকৰ মোৰ জীৱনৰ সৰ্বোচ্চ। মোৰ গৰাকীতকৈ আগতে সি মোৰ প্ৰেম, হৃদয়ৰ সুখ আৰু মৰমৰ জোন। আজি এই সকলোবোৰ অনুভৱ হৈ ৰৈ গ'ল। সি গুচি গ'ল অজান দেশলৈ। বুকুখন বিষাই যায় অ'। সি নাই বুলি ভাবিলে, মৰি থাকিব মন যায়।মন যায় এই যন্ত্ৰণাৰ ওৰ পেলাবলৈ। কিন্তু !
ৰূপে মোক বহুত বুজে, সেয়ে সদায় মৰমত ৰাখিলে । আমি ভালপায় বিবাহত বহিছিলোঁ।বুজাবুজিৰে চলি আছিলোঁ।এটা পুত্ৰৰ উপহাৰ দি ভগৱানে আমাক পূৰ্ণ কৰা যেন ভাব হওঁতেই এইবোৰ কি হৈ গ'ল ! সিদিনা, পুৱাই মোৰ ফোনটো বাজিছিল। বিছনাত থাকোতেই মই ফোনটো ৰিচিভ কৰিছিলোঁ। ইফালৰ পৰা ,
: আপুনি গীতিমা ফুকন হয় নে ?
: হয়, কওক চোন
মই ৰূপাংকৰৰ লগত একেলগে কাম কৰোঁ।
 : হয়
  : মই বৰ্তমান চিকিৎসালয়ৰ পৰা আপোনাক ফোন কৰিছোঁ। আপোনাৰ স্বামী যোৱা নিশাৰ পৰা ডিব্ৰুগড় চৰকাৰী হস্পিতালত ভৰ্তি হৈ আছে। আমি কেইবাজনো আছোঁ। কালি তেওঁ অলপ বেছি হৈছিল । আজি ঠিকে আছে। তেওঁ আমাক খবৰ দিব কৈছে সেয়ে আপোনাক জনালোঁ।
: কি হৈছে ৰূপৰ ?
: বৰ্তমানৰ  ভয়ানক ভাইৰাছে তেওঁকো নিজৰ বশ কৰিলে। পৰিস্থিতি ইয়াত  অতিকৈ বেয়া।
: কি হৈছে তেওঁ ? তেওঁ ভালে আছে নে ? খাব পাৰিছে নে ? তেওঁক আপোনালোকে চাব দেই, প্লীজ প্লীজ
 : ডাক্তৰ নাৰ্চে পাৰে মানে আমাৰ লগত লাগি আছে। চিকিৎসা পাই আছোঁ। ভাল হ'ম, সিয়ো হ'ব। বৰকৈ চিন্তা নকৰিব। ৰাখোঁ।

  ইফালৰ কথাবোৰ মৌন হৈ থাকিল। মোৰ মনত অজস্ৰ চিন্তাৰ ধুমুহা বলিল। বুকুখন কি হৈছে কি ক'ম। মই ভয়তে দিনটো নাৰায়ণক প্ৰাৰ্থনা কৰিলোঁ। প্ৰভু...
: চকু দুটি গোটেই নিশা মেল খাই থাকিল। ৰাতিটো মোৰ দীঘলীয়া পোক এডাল হৈ বাগৰিছে। মোৰ গাটো ছটফটাইছে। চিটচিটাইছে। কি কৰোঁ, কাক কওঁ ? এই ৰাতিখন। কোনে মোক লৈ যাব এই ৰাতিটোতে ৰূপৰ ওচৰলৈ ? মাৰ ঘৰলৈ দিনত ফোনটো কৰি ক'বলৈ মন নগ'ল। দেউতা মা যদি খবৰটো শুনি অসুস্থ হৈ পৰে ?
: আমাৰ ইয়াত সকলো ঠিকে আছে। যোৱা বহাগৰ তিনি চাৰি তাৰিখত গোলাঘাটৰ মাজ মজিয়াত গায়ক আহি গান গাই গৈছে। অত' মানুহে স্ফূৰ্তি কৰিছে, ভিডিঅ'বোৰটো মিছা নহয়! আমাৰ অসমত কৰ'না ইমান ভয়াবহ এই মাহতে, কেনেকৈ ? সিদিনালৈকে ইলেকচনৰ ঢৌত সকলো ঠিকেই আছিল।মানুহবোৰ লগে লগে ঘূৰিছিল। কোনো ক'ভিড নিয়ম নমনাকৈ...
কথাবোৰ মনৰ মাজতে ঘূৰণীয়া হৈ  ঘূৰি আছে।
উপাই নাই কি কৰোঁ! পুৱালৈ বাট চালো। সময় যেন ৰাতিৰ পৰা পোহৰলৈ যাব নিবিচাৰে।
 পাছদিনা, শুই উঠি মাৰ ঘৰলৈ ফোন কৰিলো। দাদায়ে ক'লে যে কৰ'না শেষ হোৱা নাই। ই আৰু ভয়ানক হৈছেহে। হয়তো ৰূপৰ গাত এই কৰ'নাৰ প্ৰভাৱ বেছি সক্ৰিয় হৈছে। সেয়ে তাক হস্পিতালত।
মই লগে লগে ৰূপৰ ওচৰত যাবলৈ ঠিক কৰিলো। দাদাই গাড়ীখনকে লৈ যাম বুলি ক'লে। মোৰ সাহস বাঢ়িল। আমাৰ ঘৰৰ পৰা মাৰ ঘৰলৈ প্ৰায় তিনি কি. মি. হয়।
দাদা আঠ বজাত আমাৰ ঘৰত উপস্থিত হ'ল । মা লগতে আহিল। অংশুক আমাৰ লগত নিব নোৱাৰি। তাৰ বয়স চাৰিবছৰ হ'ব হে অহা আগষ্টত। মই ল'ৰালৰিকৈ কাম বোৰ কৰি মা আৰু অংশুৰ খোৱা খাদ্যলৈকে যোগাৰ কৰি মাক সকলো বুজাই পৰাই ল'লো। ওলাই থাকোতেই দাদালৈ ফোন আহিল বিকাশ দাৰ, দাদাৰ লগৰজনৰ। আমি সাহস হ'ব বুলিয়ে আমাৰ লগতে লৈ যাবলৈ ঠিক কৰিছিলোঁ।
: হেল্ল,
: ক'
: যাব নোৱাৰি।
: কি?
: এখন জিলাৰ পৰা আনখন  জিলালৈ‌ যোৱাটো নিষেধ কৰিছে অলপতে।
: কি... ?
: হয় অ'। মিছা নাই কোৱা। চা নিউজটো মোবাইলতে।
: অহ্ । দাদাই ফোনটো কাটি দিলে । নিউজ চালে নাচালে নাজানো। কিন্তু কথাবোৰ সি কোৱাত আমিবোৰ শিল হৈ পৰিছিলো। কি কৰিম ভাবি নাপায় মই চিঁয়ৰি চিঁয়ৰি কান্দিছিলো। ৰূপ , মোৰ ৰূপৰ মুখখন মই চাব বিচাৰি নিজেই ভ্ৰম হৈ পৰিছিলো।
  সেইদিনটো বহু চিন্তাত পাৰ হ'ল। একো কামতেই হাত নপৰিল। মাহঁতো ঘৰলৈ উভটি নগ'ল। ঘৰত দেউতা আৰু কাম কৰা ৰহিম খুড়া থাকিল।দেউতাই ফোন কৰি কৰি সোধে, খবৰ আহিছে নে ?
মই নাই বুলি কৈ ফোনটো কাটি দিওঁ। খোৱা বোৱা দূৰৈৰ কথা, মোৰ যে উশাহটো ভয়তে নেকি মাজে মাজে  চুটি হৈ যায়। বুকুখন বিষায়। খবৰ একো নাই পোৱা। সিদিনা খবৰ দিয়া মানুহজনৰ ফোনটো বাৰে বাৰে সংযোগ সীমাৰ বাহিৰত বুলিহে কৈছে। ভগৱানৰ সাহসতে এটা দিন পাৰ কৰিলোঁ।
পাছদিনা ফোনটো লাগিল।ৰূপৰ দেহাটো অলপ ঠিক হৈছে বুলি কোৱাত মনটো অলপ ভাল লাগিল।পিছে, মাতষাৰ শুনিবলৈ নাপালো।কথা পাতিলে ফোপাই সেয়ে নাপাতে, কথাষাৰ শুনিয়ে বুকুখনত শোকে খুন্দা মাৰি ধৰিলে। তেওঁ কথা ক'ব নোৱাৰাকৈ ,আঃ!
  সকলো শেষ হৈ থাকিল।মোৰ পোহৰ গছি নুমাই দিলে ভগৱানে। ভাল হৈছে বুলি কোৱাৰ দুদিন পাছতে সেই ফোনটোৰ পৰা আকৌ ফোন আহিল।
: হেল্ল,
: হয় । ৰূপে কথা পাতিবনে আজি ? তেওঁক ফোনটো দি‌ দিয়কচোন। তেওঁৰ ফোনটো কি হ'ল বাৰু !
: তেওঁ আৰু নাই। আজি পুৱা তেওঁৰ মৃত্যু হ'ল।
....
মই চকুৰ আগত একো দেখা নোপোৱা হৈ থাকিলো। বহু সম‌য়ৰ পাছত মোৰ জ্ঞান আহে, মই নিজকে বিছনাত পাওঁ। মোৰ কাষতে মা বহি আছে, তাৰ কাষতে অংশু বহি খেলি আছে। এইবাৰ দেউতাকে লৈ অহা এৰোপ্লেনখন লৈ।
ভাল হোৱাজনকো লৈ গ'ল। ভগৱানে নে কৰ'নাই ?নাজানো ! কোনে অজুহাত ল'লে। মাথোঁ মই হেৰুৱালো।মোৰ সুখৰ চাকি গছি জ্বলাবলৈ ৰূপ নাহে আৰু।
যন্ত্ৰণাত চিঁয়ৰি ফুৰিছোঁ মই।দহদিন পাৰ হ'ল। ৰূপহীন হৈ মই জী থকা।
কোনেও নোৱাৰে মোক মোৰ মৰম আনি দিব। মই এবাৰলৈ ৰূপক চুই চাবলৈ নাপালোঁ।তেওঁৰ মুখখন মোৰ দুহাতত তুলি ল'বলৈ নোপোৱাকৈ তেওঁ হেৰাই থাকিল। হেৰাই গ'ল আমাৰ সূৰ্যটো। তেওঁক এবাৰলৈ নিজ ঘৰখনলৈ আনি আপোন চোতালত থৈ বিদায় সেৱা কৰিব নাপালোঁ।শেষবাৰলৈ অংশুক এবাৰো দেখাব নোৱাৰিলো ৰূপৰ মুখখন । বহুতে কয় মই বোলে পাগল হৈ থাকিম। ভালে হ'ব পাগলী হৈ ৰূপক হেৰুৱাৰ দুখ অনুভৱ নকৰাকৈ থাকিম।
পাগলী হ'লে মোক এই ভাইৰাছে গিলি থ'বনে ?
নে আধা পূৰঠ হোৱা মোৰ সপোনটো থানবান হৈ যোৱা যন্ত্ৰণা লৈয়ে..
  এঘাৰদিনে মই জীয়াই আছোঁ। কষ্ট কৰিছোঁ। এই কষ্ট নিৰৱতাৰ, নিসংগতাৰ।
জীৱন জী থকাটো এক যন্ত্ৰণা, যি যন্ত্ৰণা মৃত্যুৱে নিশেষ কৰিব পাৰে।
 চোতালৰ সন্মুখত থকা জবাফুলজোপাত চৰাইজনিয়ে কিবা আঁহৰে বাহ সাজি সোমাই আছে। মায়ে মোক ভিতৰলৈ লৈ যাবলৈ বুলি থিয় কৰাই দিছে। মোৰ পিছে পিছে আন্ধাৰ সোমাই আহিছে ,বহুত চৰায়ে  হুৰমূৰকৈ বাহলৈ দৌৰ দিছে।এক কোলাহল পৰিৱেশ ,তাৰ লগতে যেন এক অসহনীয় নিৰৱতাই পাখি কোবাই পৃথিৱীলৈ আহিছে।
অংশু অলপতে সাৰ পাব। তাৰ শুই উঠাৰ সময় হ'ল।উঠিয়ে দেউতাকক বিচাৰি কান্দিব।

পৃষ্ঠা ৪৩
আৰ্ট গেলাৰীঃ

ক/ 

অন্তৰীক্ষা কলিতা 
তৃতীয় শ্ৰেণী 
দূৰ্গেশ্বৰ গোস্বামী আদৰ্শ জাতীয় বিদ্যালয় , উলাবৰী 
গাওঁ +ডাকঘৰ-উলাবৰী
জিলা-নলবাৰী 
পিন নং -৭৮১৩৩৯ 
ফোন নং -6000417734

খ/ 

ঋষিকা শৰ্মা 
শ্ৰেণী= ষষ্ঠ মান  
মৰিগাঁও (অসম)

গ/ 
নাং মৌকুঁহি গগৈ
ক্লাচ 2
ডনবক্সো হাই স্কুল
লিচুবাৰী

ঘ/ 

তাকি তৈয়াবা হুছেইন
স্নাতকোত্বৰ তৃতীয় ষাণ্মাসিক
নাৰী অধ্যয়ন কেন্দ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
9101904670

ঙ/

কাজল দও 
কুৰালগুৰি উ: মা বিদ্যালয়
দ্বাদশ শ্ৰেণী

পৃষ্ঠা ৪৪
শেষ পৃষ্ঠাৰ লেখাঃ

দৃষ্টিপাত ১

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন

আমি বিভিন্ন সময়ত আমাৰ চৌপাশে ঘটি থকা বিভিন্ন দিশৰ ওপৰত দৃষ্টি নিক্ষেপ কৰোঁ বা কিছু ঘটনাই আমাৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ মূল কাৰণ বহুতো থাকিব পাৰে। তাৰ ভিতৰত ঘটনাটোৰ পৰোক্ষ বা প্ৰত্যক্ষ  প্ৰভাৱ অন্যতম । কিছু ঘটনাই আমাৰ ওপৰত পৰোক্ষ ভাৱে আকৌ কিছু ঘটনাই প্ৰত্যক্ষ ভাৱে প্ৰভাৱ পেলায়। যাৰ ফলস্বৰূপে আমাৰ জীৱন ধাৰণৰ প্ৰণালী সাল-সলনি হয়। দৃষ্টিপাতত আজি মই এনে এটি বিষয়ৰ ওপৰতে দুটি শাৰী লিখিবলৈ আগবাঢ়িছোঁ।
"ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ" এই কথাটো নক'লেও আমি সকলোৱে জানো। আমি এইটোও জানো যে ভাৰতবৰ্ষৰ অঙ্গৰাজ্য হিচাপে অসমো এখন কৃষি প্ৰধান ৰাজ্য। অসমৰ মাটিত বিভিন্ন  প্ৰকাৰৰ শস্যৰ লগতে মৰাপাত, সৰিয়হ, কুঁহিয়াৰ, চাহ, বিভিন্ন প্ৰকাৰৰ ফল-মূল ইত্যাদিৰ আৰু বাৰিষা কালত প্ৰধান "ধান" আমাৰ জীৱনৰ অন্যতম উৎপাদিত কৃষিজাত সামগ্ৰী। যিহেতু অসমৰ প্ৰধান খাদ্য "ভাত"। সেই অনুপাতে প্ৰায় সকলো অসমীয়াই ধান খেতিত পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে জড়িত। এই ধানখেতিৰ অবিহনে আমাৰ পেটৰ ভাত মুঠিৰ বাবেও আমি হাহাকাৰ কৰি মৰিব লাগিব। কথাষাৰ আমি হাড়ে-হিমজুৱে উপলব্ধি কৰোঁ যদিও আজি যেন আমি ইয়াক উপেক্ষা কৰি চলিবলৈ লৈছোঁ। ইয়াৰ কাৰণ কি ? কিয় আমি কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী নহয়? কিয় আমাক কৃষি কৰ্মই আকৰ্ষণ কৰিব নোৱাৰে ? দুটা খুব সহজেই উত্তৰ দিব পৰা প্ৰশ্ন হ'লেও অতি জটিল প্ৰশ্ন।
নৱপ্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি বিৰাগ জন্মোৱাৰ ক্ষেত্ৰত আমিয়েই অৰিহনা যোগাই আহিছোঁ বুলি ক'লেও চাগে ভুল কোৱা নহ'ব। যদিও অতীতত কৃষি কৰ্মকেই প্ৰধান সমল হিচাপে লৈ আমি জীয়াই আছিলো তথাপিও সেই সময়ৰ পৰাই আমি সন্তানৰ মনত এনে কিছুমান কথা সোমোৱাই দিছিলো যে খেতি কৰাটো যেন মহাপাপ হে। "পঢ়া শুনা ক'ৰ নহ'লে মোৰ দৰে পথাৰত হাল টানি মৰিবি"। এনেধৰণ বহু কথাই সেই সময়ৰ পৰাই বহু অসমীয়া ডেকা ল'ৰাৰ মনত খেতিৰ প্ৰতি আগ্ৰহ কমাই আনিলে আৰু আজিও আমি এনেবোৰ কথাৰে সন্তানক বিপথগামী কৰি আহিছোঁ।
খেতিয়কসকলক সমাজে এটা মৰ্যাদা সম্পন্ন স্থান দিবলৈ অমান্য হোৱাটো খেতিৰ প্ৰতি বিৰাগ জন্মাৰ অন্য এটা প্ৰধান কাৰণ। আমাৰ সমাজত বিবাহ, সামাজিক মৰ্যদা, আচাৰ-ব্যৱহাৰ আদিৰ ক্ষেত্ৰত খেতিয়কসকলক অৱজ্ঞাৰ চকুৰে চোৱা আমি দেখি আহিছোঁ। বিবাহৰ ক্ষেত্ৰত ল'ৰাই কি কৰে? প্ৰশ্নৰ উত্তৰত যদি খেতিৰ কথা আহে তেন্তে ছোৱালী ঘৰে নাক কোচায় বা ছোৱালীৰ ঘৰৰ কথাতো যদি খেতিৰ কথা আহে তেন্তে ল'ৰাৰ ঘৰে নাক কোচায়। যাৰ ফলত সেইখন সমাজত উঠা বহা কৰা নৱপ্ৰজন্মৰ এই দিশটোৰ প্ৰতি অনিহা ওপজিছে। ফলত খেতি কৰাতকৈ বিভিন্ন স্থানত গৈ বিভিন্ন কামত নিয়োগ হৈছেগৈ বা কিছুমান নিবনুৱা হৈ থাকিলেও কৃষি কৰ্মত হাত উজান দিব নোখোজে। কৃষি কৰ্মৰ যোগেদিও যে স্বাৱলম্বী হ'ব পাৰি এই সম্পৰ্কত আমাৰ শিক্ষা ব্যৱস্থাতো বিতংভাৱে জনোৱা হোৱা নাই। খুব কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এগ্ৰিকালচাৰ বিভাগত শিক্ষা গ্ৰহণ কৰিলেও সি চাকৰি মুখী হে কৰ্ম মুখী নহয়। চৰকাৰেও  এই সম্পৰ্কত বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা নেযায়। উৎপাদিত সামগ্ৰীৰ বাবে উন্নত মানৰ বজাৰৰ অভাৱ, অসমত সামগ্ৰী সংৰক্ষণৰ বাবে Cold Store ৰ অভাৱ, বতৰৰ ওপৰত নিৰ্ভশীল, উন্নত মানৰ বীজৰ অভাৱ, পুৰণি কলীয়া নীতি, চৰকাৰী সা-সুবিধাৰ অভাৱ আদিৰ ফলতো নৱপ্ৰজন্মই কৃষি কৰ্মৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰে।
উল্লেখিত কাৰণ সমূহৰ উপৰিও অন্যান্য বহু কাৰণ আছে যি কৃষি কৰ্মৰ ক্ষেত্ৰত অন্তৰাই হৈ থিয় দি আছে। কিন্তু এটা কথা আমি ক'বই লাগিব যে কৰ্মস্পৃহা নথকা লোকে কামৰ পৰা আঁতৰি থাকিবলৈ অনেক অজুহাত দেখুৱাই। যদি সেয়ে নহয় তেন্তে এইখন অসমতে আমি অবৈধ প্ৰৱজনকাৰী বুলি চিনাকী দিয়া লোক সকলে কেনেকৈ অসমৰ বজাৰ দখল কৰিছে ? হাতত খুদকণ নথকাকৈ কেনেকৈ তেওঁলোকে সম্পদশালী হৈ উঠিছে ? কেনেকৈ গোজেই গজালি হৈ আমাৰ মূৰত উঠি নৃত্য কৰিছে ? প্ৰশ্ন সমূহৰ গূঢ়াৰ্থ উপলব্ধি কৰিব পাঠকসকলে।
শেষত ক'ব বিচাৰিম যে মানৱ জাতিৰ সৰ্বশ্ৰেষ্ঠ কৰ্মই হ'ল কৃষি কৰ্ম। কাৰণ কৃষিজাত সামগ্ৰী অবিহনে আমি জীয়াই থকাতো সম্ভৱ নহয়। পানীৰ অবিহনে যেনেকৈ জীৱন অসম্ভৱ তেনেকৈ পুষ্টিৰ অবিহনেও জীৱন অসম্ভৱ। সেয়ে আমাৰ সমাজৰ আসোঁৱাহ সমূহ দূৰ কৰি ন চিন্তাৰে, নতুন প্ৰযুক্তিবিদ্যাৰ সহায়ত নতুনকৈ কৃষি কৰ্মত যোগ দিওঁ আহক। এই ক্ষেত্ৰত চৰকাৰেও যথাযথ উন্নত পদক্ষেপ গ্ৰহণ কৰি কৃষক সকলক উৎসাহিত কৰক। উপযুক্ত বজাৰৰ সৃষ্টিৰে কৃষিজাত সামগ্ৰীৰ উচিত মূল্য প্ৰদান কৰক আৰু কৃষকসকলক যথোপযুক্ত সন্মান প্ৰদানেৰে সমাজত এখন আসন দিয়ক।

পৃষ্ঠা ৪৫


Post a Comment

0 Comments