অকণিৰ অংকুৰণঃ ছেপ্টেম্বৰ ২০২১



নাহাঁহিবা দেইঃ

এক।।

বৰুৱাঃ (মাকৰ ঘৰলৈ যোৱা ঘৈণীয়েকৰ প্ৰতি) হেল্ল! বৰুৱানী চেনি, চাহপাত, গাখীৰ, বিস্কুট আৰু ভুজিয়া ক’ত থৈ গ’লা? চাহ একাপ খাওঁ বুলি ভাবিছোঁ..
বৰুৱানীঃ চব পাকঘৰতে আছে। হৰলিক্সৰ টেমাটোত বিস্কুট, কফিৰ বটলটোত চেনি, টমেট’ চচৰ বটলটোত ভুজিয়া, লেক্ট'জেনৰ টেমাটোত চাহপাত আৰু ঘিঁউৰ বটলটোতে পাউদাৰ গাখীৰ আছে৷ চব হাতে পোৱাতে থওঁতেও একো পোৱা নাইনে!
বৰুৱাঃ কি ক'লা?? হ'ব হ'ব আজি চাহ নাখাওঁয়েই।।

দুই।।

বনগুটিঃ হেল্ল, ধনগুটি! হেৰি নহয় তহঁতৰ ঘৰত মোক এসপ্তাহমান ৰাখিবি নেকি?
ধনগুটিঃ কেলৈ কি হ’ল তোক ঘৰৰ পৰা খেদিলে নেকি?
বনগুটিঃ নাই ঔ, মোৰ মানে গানৰ প্ৰেক্‌টিচ্‌ আছে কেইদিনমান।
ধনগুটিঃ কেলৈ ঘৰতে  কৰ আক’ প্ৰেক্‌টিচ্‌।
বনগুটিঃ নাই মানে মোৰ গানৰ প্ৰেক্‌টিচ্‌ থকাৰ কেইদিন মায়ে মোক গধূলি ঘৰৰ পৰা উলিয়াই দুৱাৰৰ খিলি লগাই দি Out কৰি দিয়ে। সেইকাৰণেহে কৈছোঁ। যামনে আজি?
ধনগুটিঃ টুইট্‌ টুইট্‌ টুইট্‌..।।

✍️কৃষ্ণাময়ুৰী হাজৰিকা
ৰঙাজান, তিতাবৰ

অকণিৰ অংকুৰণ
(মাহেকীয়া শিশু আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
এই সংখ্যাৰ সম্পাদনা সহযোগীঃ মৌচুমী গগৈ
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী
ডিটিপি, অংগসজ্জাঃ প্ৰণৱ প্ৰতিম নাথ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট
আমাৰ হোৱাটচ্‌এপ নম্বৰঃ 9678696861

এই সংখ্যাৰ বেটুপাতৰ অকণি
শ্ৰেষ্ঠা শ্ৰীয়া কাশ্যপ
জন্মদিনঃ ৬/৯/২০১৭
স্কুলঃ ডেফোডিল্চ ইংলিচ স্কুল, ৰামদিয়া, কামৰূপ
শ্ৰেণীঃ নাৰ্চাৰি
মাতৃঃ ধৰিত্ৰী মহন্ত
পিতৃঃ ড০ মুকুট পাঠক
ঠিকনাঃ বঙালটোলা, ৰামদিয়া, কামৰূপ (গ্ৰাম্য)।


অংকুৰণ মামাৰ চিঠিঃ

সময়ৰ সদ্ ব্যৱহাৰ

মৰমৰ অকণিহঁত,

মৰম ল’বা। আশাকৰোঁ, তোমালোক কুশলে আছা। ইতিমধ্যে প্ৰায় দুটা বছৰ তোমালোকে বিদ্যালয়লৈ যাব পৰা নাই। কিছুমানে অনলাইন ব্যৱস্থাৰে পাঠ গ্ৰহণ কৰি আছা যদিও বহুতে এটা এণ্ড্ৰইড্ মোবাইলৰ অভাৱত এই পাঠ গ্ৰহণৰ পৰাও বঞ্চিত হৈ আছা। আনহাতে বিদ্যালয়লৈ যাব নোৱাৰি তোমালোকে মানসিকভাবে যি দুখ পাইছা, একেই দুখ তোমালোকৰ ছাৰ-বাইদেউসকলেও পাইছে। তোমালোকৰ ভৱিষ্যতৰ চিন্তা কৰি তেওঁলোকে বৰ মনোকষ্ট পাইছে। কিন্তু  এই সকলোৰে উৰ্দ্ধত মানুহৰ জীৱন। আমি জীয়াই থাকিলেহে বিদ্যা-শিক্ষা আহৰণ কৰিব পাৰিম, পঢ়ি-শুনি নিজৰ যোগ্যতা অনুসৰি দেশৰ সেৱা কৰিব পাৰিম, নহয় জানো? সেয়েহে এই সাময়িক বিৰতিক লৈ তোমালোক বিচলিত নহ’বা। এই বিৰতিক উপযুক্ত পৰিকল্পনাৰে সদ্ব্যৱহাৰ কৰিব পাৰিলে তোমালোকে সময়ৰ লগত নিজকে আগুৱাই লৈ যাব পাৰিবা।

এইখিনিতে আমেৰিকান দাৰ্শনিক, লেখক, বিজ্ঞানী, ৰাজনীতিবিদ, গ্ৰন্থ প্ৰকাশক তথা মুদ্ৰক বেঞ্জামিন ফ্ৰেংকলিনে কোৱা কথা এষাৰ মনত পৰিছে। তেখেতে কৈছিল, ‘তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক ভাল পোৱা তেন্তে সময় অপচয় নকৰিবা। কিয়নো জীৱনটো সময়ৰ ধাতুৰেই গঢ়া।’ একেদৰে তেখেতে কৈছিল, ‘তুমি পলম কৰিব পাৰা। কিন্তু সময়ে পলম নকৰে। এবাৰ হেৰাই যোৱা সময় কেতিয়াও উভতি নাহে।’ চোৱাচোন, কিমান সাৰুৱা কথা কৈছিল তেখেতে।

অকণিহঁত, জীৱনৰ যিকোনো কঠিন পৰিস্থিতিত একমাত্ৰ সময়ৰ উচিত ব্যৱহাৰেৰে আমি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ। গতিকে তোমালোকক ইয়াকে ক’ব বিচাৰিছো যে বিদ্যালয় নোখোলা পৰ্যন্ত তোমালোকে ঘৰতেই থাকি যিকোনো প্ৰকাৰে সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ পঢ়া-শুনা নিয়মীয়াকৈ কৰি থাকিবা। এই কামে তোমালোকক অনাগত দিনত কল্পনাতীতভাবে সহায় কৰিব।

তোমালোকৰ মৰমৰ
অংকুৰণ মামা।


তোমালোকৰ মনৰ কথাঃ

শ্ৰদ্ধাৰ অংকুৰণ মামা। প্ৰথমে মোৰ মৰম আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব। আশা কৰোঁ অংকুৰণ মামাৰ লগতে অংকুৰণৰ সকলো পৰিয়ালবৰ্গ ভালেই আছে। অংকুৰণ নামটো যেনেদৰে বহুতৰে প্ৰিয়, ঠিক তেনেদৰে অংকুৰণ আলোচনীখনো মোৰ বাবে বহুত প্ৰিয়। এই আলোচনীখনৰ লগত ম‌ই ২০১৪ চনৰ পৰাই জড়িত আছিলোঁ। আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰ্থাৎ আমাৰ আলোচনী খনৰ প্ৰতিনিধি মুনমুন গগৈ বাইদেউৰ পৰা প্ৰতিমাহে এই আলোচনীখন কিনিছিলোঁ। মাজে মাজে আমাৰ বিদ্যালয়ৰ অৰ্থাৎ আমগুৰি বালিকা বিদ্যালয়ৰ মমিনা খাটুন বাইদেউৰ পৰাও কিনিছিলোঁ। মোৰ লগতে আমাৰ বিদ্যালয়ৰ কেইবা গৰাকী ছাত্ৰীয়ে এই আলোচনীখন লৈছিল। প্ৰতিমাহৰ প্ৰতিখন আলোচনীৰ বাবে ম‌ই দুই এটা লেখা প্ৰেৰণ কৰিছিলোঁ আৰু আলোচনীখনৰ যোগেদি আয়োজন কৰা প্ৰতিটো প্ৰতিযোগিতাতে ম‌ই অংশ গ্ৰহণ কৰিছিলোঁ। ইয়াতকৈ এটা ভাল লগা কথা হʼল যে প্ৰতিমাহৰ প্ৰতিখন আলোচনীতে প্ৰায়বোৰ শিতানত নহʼলেও দুই এটা শিতানত মোৰ নামটো প্ৰকাশ পাইছিল। সঁচাকৈয়ে বহুত ভাল লাগে যেতিয়া নিজৰ নামটো কিতাপ-পত্ৰ, আলোচনী আদিত জিলিকি থাকে। এই ক্ষেত্ৰত মোক সহায় কৰিছিল আমাৰ সকলোৰে মৰমৰ অংকুৰণ মামাই অৰ্থাৎ হেমেন নাথ দেৱে আৰু আমাৰ পৰিয়ালৰ প্ৰত্যক জন সদ্যস‌ই এই আলোচনীখনৰ লগত জড়িত হʼবলৈ মোক সহায় কৰিছিল। অকল সহায় কৰায়ে নহয় এই আলোচনী খনৰ বাবে মোৰ লগতে আমাৰ পৰিয়ালৰ প্ৰতিজন সদ্যস‌ই অতি আগ্ৰহেৰে বাট চাই থাকে, বিশেষকৈ মোৰ দেউতা। এই আলোচনী খনৰ যোগেদি ম‌ই বহুত উপকৃত হোৱাৰ লগতে বহুতো নজনা কথা জানিব পাৰিলোঁ। আলোচনী খনৰ প্ৰতিটো শিতানেই মোৰ বাবে বহুত প্ৰিয় আছিল তাৰে ভিতৰত মোৰ অতিকৈ প্ৰিয় শিতানটো আছিল কবিতাৰ ভেদ ভাঙা অৰ্থাৎ আজৱ দেশৰ তাজ্জব কথা। মোৰ লগতে আমাৰ পৰিয়ালৰ প্ৰত্যক জন সদস্যই আলোচনীখন পঢ়ি বহুত ভাল পাইছিল। ২০১৯ চনৰ মাজভাগৰ পৰাই ক'ৰণা মহামাৰীৰ বাবে ম‌ই আলোচনীখন পোৱা নাছিলো। সচাঁকৈয়ে বহুত দুখৰ কথা যে এই বিশ্ব মহামাৰীয়ে আমাৰ বহুতৰে জীৱনলৈ সংঘাত কঢ়িয়াই আনিলে। আশা কৰোঁ আমাৰ আহিবলগীয়া দিনবোৰ যেন সুখৰ হয়। আমাৰ প্ৰত্যেক জন ব্যক্তিক যাতে ভগৱানে কুশলে ৰাখে আৰু আমাৰ মৰমৰ আলোচনী 'অংকুৰণ'খন‌ো যাতে আমি সোনকালে পঢ়িবলৈ পাওঁ, তাকেই কামনা কৰি আজিলৈ সামৰিলোঁ।

✍️প্ৰজ্বেলিকা বৰুৱা 
একাদশ শ্ৰেণী 
আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ
ভ্ৰাম্যঃ ৯৪৫৯৯৭৭২৯১


এগৰাকী প্ৰতিনিধিৰ অনুভৱঃ

মৰমৰ
          ভাইটি-ভণ্টিসকল,

আজি প্ৰায় দুবছৰেই হ'বৰ হ'ল, তোমালোকৰ লগত আমি সঠিকভাৱে যোগাযোগ ৰাখিব পৰা নাই। তাৰ কাৰণ তোমালোক সকলোৱে জানা, গোটেই বিশ্বজুৰি তাল-ফাল লগোৱা ক'ৰণা মহামাৰীৰ ফলত আমি এনেদৰে দিশহাৰা হৈ পৰিলো যে তোমালোকৰ লগতো যোগসূত্ৰ প্ৰায় হেৰাই যোৱা যেন উপক্ৰম হৈ আছে।

কিন্তু পৃথিৱীৰ সকলো মানুহেই আশাবাদী। যিদৰে দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত পুনৰ পুৱা হয়। ঠিক সেইদৰে বেয়া দিনবোৰো সদায় নাথাকে, ভাল দিন আহিবই। গতিকে পুনৰ এক আশাভৰা হেঁপাহেৰে তোমালোকক জনাব বিচাৰিছোঁ যে পৰিৱেশ পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি আমি এক নতুন পদক্ষেপ ল'বলৈ আগবাঢ়ি আহিছোঁ। যিদৰে অংকুৰ বা গজালি নেমেলাকৈ এজোপা গছপুলি ডাঙৰ হ'ব নোৱাৰে, ঠিক একেদৰে তোমালোকৰ সহযোগিতাৰ অবিহনে 'অকণিৰ অংকুৰণ' আগবাঢ়ি যাব নোৱাৰে। সেই সহযোগিতাৰে কাম্য কৰি আমি পুনৰ 'অকণিৰ অংকুৰণ'খন তোমালোকৰ হাতত তুলি দিব বিচাৰিছোঁ আৰু ম'বাইলৰ যোগেৰেই তোমালোকে হাততে এইখন পঢ়িবলৈ পাবা তোমালোকৰ মনোগ্ৰাহী লেখাৰ বিভিন্ন শিতানেৰে। আশা কৰোঁ তোমালোকৰ সহযোগিতাই আমাৰ এই যাত্ৰাপথত বিগত সময়ৰ দৰেই গুৰি ধৰিব।
তোমালোকৰ
বৰ্ণালী দত্ত বাইদেউ
প্ৰতিনিধি, অংকুৰণ প্ৰকাশন
ডিব্ৰুগড় (অসম)


সাধুঃ

সবলা
পৌৰাণিক চৰিত্ৰৰ আধাৰত
 
ঋষি বিশ্বামিত্র এসময়ত এগৰাকী প্রবল প্রতাপী ৰজা আছিল৷ এবাৰ তেওঁ পুত্রসহ সসৈন্যে কোনো ঠাইলৈ যাওঁতে, যাত্রাপথত থকা বশিষ্ঠ মুনিৰ আশ্রমত প্রৱেশ কৰিছিল। ৰজাক দেখি বশিষ্ঠ মুনি বৰ আনন্দিত হ'ল৷ এনে প্রবল প্রতাপী ৰজাক অতিথিৰূপে পাই সৈন্য-সামন্তসহ আটাইকে বিপুলভাৱে অভ্যর্থনা জনালে আৰু সকলোকে দুর্লভ খাদ্যসম্ভাৰেৰে ৰাজকীয়ভাৱে আপ্যায়িত কৰিলে৷ এগৰাকী মুনিয়ে ৰজাৰ দৰে সকলোকে আপ্যায়িত কৰা দেখি ৰজা বিশ্বামিত্র আচৰিত হ'ল৷ তেখেতে মুনিক এই বিষয়ে সুধি পেলালে৷ মুনিয়ে তেতিয়া আশ্রমত থকা এজনী মহাগাভী গাইক ৰজাৰ সন্মুখলৈ মাতি আনি ক'লে যে সেই গাইজনীৰ বাবেই মুনিয়ে তেনে ৰাজকীয় খাদ্য-সম্ভাৰৰ যোগান ধৰিব পাৰিছে৷ মুনিয়ে ভগিনীৰ দৰে মৰম কৰা এই মহাগাভী গাইজনীৰ নাম হৈছে সবলা৷ এই সবলাই হৈছে অক্ষয় খাদ্য ভাণ্ডাৰৰ উৎস৷
 
সবলাৰ গুণৰ বিষয়ে ৰজা বিশ্বামিত্র অৱগত হোৱাৰ লগে লগে গাইজনী হস্তগত কৰিবলৈ ৰজাৰ মনত প্রৱল ইচ্ছা জাগিল৷ তেওঁ ভাবিলে এনে বৈভৱশালী গাই এজনী ৰজাৰ ওচৰত থাকিলেহে শোভা পাব৷ সেয়েহে গাইজনীক তেওঁৰ হাতত গতাই দিবলৈ বশিষ্ঠ মুনিক প্রথমতে বিনম্রভাৱে অনুৰোধ জনালে৷ মুনিয়ে ৰজাৰ অনুৰোধ বিনম্রতাৰে প্রত্যাখ্যান কৰিলে৷ তাৰ পাছত ৰজাই মুনিক নানা প্রলোভন দিলে৷ তথাপিও বশিষ্ঠ মুনি বিচলিত নোহোৱা দেখি ৰজাৰ খং উঠিল আৰু সবলাক জোৰ কৰি লৈ যাবলৈ সৈন্যসকলক আদেশ দিলে৷ 

ৰজাৰ সৈন্যসকলে তাইক লৈ টনা-আঁজোৰা কৰাৰ কাৰণ সবলাই বুজি নাপালে৷ তদুপৰি ৰজাৰ অনুচৰসকলে তাইক ৰছীৰে বান্ধি টানি লৈ যোৱা দেখিও মুনিক মৌন হৈ থকা দেখি সবলাৰ দুচকুৰে চকুলো ব'বলৈ ধৰিল৷ কাৰণ মুনিৰ আশ্রম এৰি ৰজাৰ ওচৰলৈ যাবলৈ তাইৰ মুঠেই ইচ্ছা নাছিল৷ সেয়েহে মুনিৰ ফালে চাই সবলাই কাতৰভাৱে হেম্বেলিয়ালে৷ তাইৰ কাতৰ হেম্বেলনিত মুনি বিচলিত হৈ পৰিল৷ লগে লগে তেওঁ সবলাক ৰজা বিশ্বামিত্রৰ সৈন্যক প্রতিৰোধ কৰিব পৰাকৈ সৈন্য সৃষ্টি কৰিবলৈ কৰিবলৈ ক'লে৷ মুনিৰ কথামাত্রেই সবলাই পলকতে অসংখ্য ভীষণ মূর্তি ধাৰণ কৰা যোদ্ধা সৃষ্টি কৰিলে৷ দুয়োপক্ষৰ সেনাৰ মাজত তয়াময়া ৰণ লাগিল৷ ৰজা বিশ্বামিত্রয়ো ৰথত উঠি সৈন্যবল একত্রিত কৰি সবলাৰ সৈন্যসকলৰ ওপৰত বাণ বর্ষণ কৰিবলৈ ধৰিলে। কিন্তু সবলাৰ সৈন্যসকলৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিলে। ৰজা বিশ্বামিত্র পৰাজিত হ'ল আৰু তেওঁৰ সৈন্যবাহিনী আশ্রমৰ পৰা বিভঙ্গে পলাই গ'ল।

✍️শৰ্মীষ্ঠা বৰ্মন
নতুন দিল্লী


প্ৰবন্ধঃ

অসমৰ প্ৰথম  প্ৰধানমন্ত্ৰী জন

মৰমৰ অকণিহঁত, আজি মই তোমালোকক এনে এজন বৰেণ্য ব্যক্তিৰ কথা ক’বলৈ ওলাইছোঁ যিজনে সকলো সময়তে নিজৰ দেশ আৰু অসমীয়া জাতিৰ জাতীয় জীৱনৰ উন্নতিৰ হকে চিন্তা কৰি নশ্বৰ দেহ ত্যাগ কৰিও অমৰ হৈ থাকিবলৈ সক্ষম হৈছে৷ এনে বহু ব্যক্তি আছে তাৰে ভিতৰত আজিৰ আলোচনাৰ মাজলৈ অনা ব্যক্তিজনো এজন৷ তেখেতৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ৷ নিজৰ দেশ আৰু জাতিৰ মানুহক নিজৰ প্ৰাণতকৈও অধিক ভাল পোৱাৰ বাবেই তেখেতক “লোকপ্ৰিয় “ নামেৰে আখ্যা দিয়া হৈছিল৷ এই মহান ব্যক্তিজনৰ বিষয়ে মই তোমালোকক থূলমূলকৈ এটি আভাস দিবলৈ লৈছোঁ৷ শুনাহঁক দেই৷
 
১৮৯০ খ্ৰীষ্টাব্দৰ জেঠ মাহৰ ২৬ তাৰিখ ৰবিবাৰে গুৱাহাটীৰ শিলপুখুৰীৰ ডাক্তৰ বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী দেৱীৰ ঔৰসত গোপীনাথ বৰদলৈয়ে জন্ম গ্ৰহণ কৰিছিল৷ দেউতাক এজন চৰকাৰী চিকিৎসক হোৱাৰ বাবে কৰ্মস্থান সলনি হৈ আছিল৷ কিন্তু বৰদলৈদেৱৰ বাৰ বছৰ বয়সত যেতিয়া মাতৃয়ে ইহলীলা সম্বৰণ কৰিলে তেতিয়া তেখেতে বৰদেউতাকৰ লগত গুৱাহাটীতে স্থায়ীকৈ  থাকি পঢ়া-শুনা কৰিবলৈ ল’লে৷ ছাত্ৰ জীৱনতে তেখেত কিছুমান বিশিষ্ট গুণৰ অধিকাৰী হ’ব পাৰিছিল৷ তেখেতৰ অমায়িক গুণৰ বাবে সকলোৰে প্ৰিয় আৰু শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছিল।তেখেত একেধাৰে সু গায়ক , বলিষ্ঠ তাৰ্কিক, পৈণত খেলুৱৈ, সু বক্তা, মিতব্যয়ী আৰু তেখেতে সময়ৰ মূল্য খুব ভালদৰে বুুজি পাইছিল৷ তাৰ সমানে সমানে থকা এটা মহৎ গুণ হৈছে ধৈৰ্য্য। ইয়াৰ প্ৰমাণ পোৱা যায় কলিকতাত পঢ়ি থাকোঁতে যেতিয়া ককায়েকৰ মৃত্যু হৈছিল তেতিয়া তেওঁ ৰুগীয়া বন্ধু চন্দ্ৰনাথৰ সেৱা-শুশ্ৰূষাত ব্যস্ত থাকি কৰ্তব্যজ্ঞান আৰু দায়িত্বজ্ঞানৰ পৰিচয় দিছিল৷ স্বাধীনতাৰ আন্দোলনটো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল৷ ১৯৩৫ খ্ৰীষ্টাব্দত ভাৰতৰ শাসন আইনৰ সংস্কাৰমতে অসমতো স্বায়ত্ত্ব শাসনৰ বাবে হোৱা নিৰ্বাচনত কংগ্ৰেছে জয় লাভ কৰাত ১৯৩৮ খ্ৰীষ্টাব্দত গোপীনাথ বৰদলৈদেৱে স্বতন্ত্ৰ সদস্যৰ সহযোগত অসমৰ প্ৰধানমন্ত্ৰী হয়৷ তেঁৱেই অসমৰ প্ৰথম আৰু শেষৰজন প্ৰধানমন্ত্ৰী আছিল৷ কাৰণ এতিয়া ৰাজ্যৰ প্ৰধানজনক মুখ্যমন্ত্ৰীহে কয়৷ দেশ স্বাধীন হোৱাৰ পিছত ১৯৪৬ খ্ৰীষ্টাব্দত পুনৰ তেখেতেই মুখ্যমন্ত্ৰী হৈছিল৷ 

তেখেতে বুজিছিল যে এখন দেশৰ মানুহ শিক্ষিত নহ’লে দেশৰ উন্নতি অসম্ভৱ৷ সেয়ে তেখেতে নিৰক্ষৰ লোকক স্বাক্ষৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল৷ তাৰ বাবে গাঁৱে-ভূঞে প্ৰাথমিক বিদ্যালয় স্থাপন, প্ৰাপ্তবয়স্কৰ বাবে নৈশ বিদ্যালয় আৰু অনুসুচীত জাতি-জনজাতি লোকক স্বাক্ষৰ কৰাত গুৰুত্ব দিছিল৷ তদুপৰি ১৯৪৮ খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটীত অসম হাইক’ৰ্ট, জালুকবাৰীত ইঞ্জিনিয়াৰিং কলেজ আৰু ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত আৰু আয়ুৰ্বেদিক মহাবিদ্যালয়, যোৰহাটত কৃষি মহাবিদ্যালয় খোলাৰ প্ৰস্তাৱ, ডিব্ৰুগড় মেডিকেল স্কুলখনক কলেজলৈ ৰূপান্তৰ ঘটোৱাৰ মূল ব্যক্তিজনেই আছিল এই বৰদলৈদেৱ৷ 
  
এইজনা মহান ব্যক্তিয়েই শ্বিলঙৰ পৰা আহি ১৯৫০ খ্ৰীষ্টাব্দৰ ৫ আগষ্টৰ শনিবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত “প্ৰতিবাদ “ নামৰ নাটক উপভোগ কৰি উলুবাৰীৰ ঘৰলৈ যায়৷ তাতে নিশা ২:৪০ বজাত হৃদযন্ত্ৰ বিকল হৈ ৬০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে৷ গতিকে আমি সকলোৱেই এনে এজন মহান ব্যক্তিৰ মৃত্যু তিথিটো শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আহা৷ 
  
✍️মঞ্জুষা শৰ্মা 
ভ্ৰাম্যঃ ৯৯৫৪৮৯৪১২৪ 


অধ্যয়নেই সফলতাৰ
মূল চাবি কাঠি

মানুহে জীৱনত আত্মপ্ৰতিষ্ঠা লাভ কৰিবলৈ, শিক্ষাৰ্থীসকলে নিজ লক্ষ্যত উপনীত হ'বলৈ হ'লে অধ্যয়নৰ প্ৰয়োজন। অধ্যয়ন হৈছে উন্নতিৰ আটাইতকৈ শক্তিশালী চাবি-কাঠী। অধ্যয়নে মানুহক সংগ্ৰামী হ'বলৈ শিকায়। অধ্যয়নে প্ৰত্যেকজন ব্যক্তিক যিকোনো পৰিস্থিতিত, বাধা-বিঘিনিক প্ৰত্যাহ্বান দিবলৈ সাহস যোগায়। আমি সকলোৱে অধ্যয়নক সাৰথি হিচাপে লৈ কৰ্মানুশীলন কৰা উচিত। আমাৰ মাজত অধ্যয়নৰ প্ৰতি আগ্ৰহ থাকিলেহে কৃতকাৰ্যতা সুনিশ্চিত হ'ব।জীৱন হৈছে এখন যুদ্ধ। জীৱন নামৰ এনে এক বিশাল যুদ্ধ জয় কৰিবলৈ আমাক প্ৰয়োজন কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ। উদাহৰণ হিচাপে ১৮৫০ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰনায়ক আব্ৰাহম লিংকনলৈ মন কৰিলেই হ'ল। আমেৰিকাৰ অত্যন্ত দুখীয়া পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল।
Dr.APJ Abdul Kalam says:
"Learning gives Creativity, Creativity leads to thinking, Thinking provides knowledge, Knowledge makes you Great."

✍️দীপশিখা হাজৰিকা বৰুৱা
দুলীয়াজান


গল্পঃ

চেষ্টাৰ অসাধ্য একো নাই
                    
ৰাতিপুৱা শুই উঠিয়েই চকু দুটা মোহাৰি মোহাৰি মন্টিয়ে দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল। হঠাৎ তাৰ চকু পৰিল দুৱাৰ মুখত পৰি থকা বাতৰি কাকত খনৰ ওপৰত। সি তাত আগতে নেদেখা অদ্ভুত দৃশ্য এটি দেখিবলৈ পালে। ল'ৰা এটাই ভৰিৰ আঙুলিৰে ধুনীয়া ছবি এখন আঁকি আছে। ল'ৰাটোৰ হাত দুখন নাই। সি বাতৰি কাকতখন বুটলি লৈ "দেউতা", "দেউতা" বুলি দৌৰি গৈ দেউতাকৰ ওচৰ পালেগৈ। দেউতাকে তেতিয়া পিছফালে মুখ‌ ধুই আছিল। সি গৈ দেউতাকক ক'লে,
         "চোৱাচোন দেউতা ভৰিৰে ইমান ধুনীয়া ছবি আঁকিছে.....!"
     দেউতাকে মুখ ধুই‌ থাকিয়েই ক'লে,
         "বাতৰিৰ শিৰোনামাত কি লিখিছে পঢ়াচোন তুমি।"
      সি পঢ়ি গ'ল...
         "চিত্ৰাংকণ প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰথম পুৰস্কাৰেৰে জিলিকিল বিশেষ ভাৱে সক্ষম অসম সন্তান তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অভিজ্ঞান ডেকা; শিশু দিৱসৰ দিনাখন শঙ্কৰদেৱ কলাক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা সম্বৰ্দ্ধনা-বিশেষভাৱে সক্ষম শিশু শিল্পী গৰাকীক।"
      কথাখিনি পঢ়ি সি দেউতাকক সুধিলে,
         "এয়া কেনেকৈ সম্ভৱ দেউতা? তাক দেখি মোৰ বৰ দুখ লাগিছে।" 
      দেউতাকে উত্তৰ দিলে,
        "চেষ্টাৰ অসাধ্য একো নাই সোণ, মানুহে চেষ্টা কৰিলে অতি টান কামো সহজ হৈ পৰে, তাৰ কাৰণে ‌মানুহক লাগে আত্মবিশ্বাস, ধৈর্য্য আৰু একাগ্ৰতা; নহ'লেনো অভিজ্ঞানে‌ অকল ভৰিৰে ইমান ধুনীয়া ‌ছবি‌ আঁকিব পাৰেনে? মনপুতি কৰিলে ‌সকলো কামেই সহজ হৈ পৰে।" দেউতাকৰ‌ কথাখিনিয়ে মন্টিক দুগুণ উৎসাহ দিলে। সি মনতে দৃঢ় প্ৰতিজ্ঞ হ'ল যে আজিৰ পৰা সি পঢ়া-শুনা, ‌ছবি‌ অঁকা বা যি কামেই নকৰক কিয় ‌মনপুতি কৰিব, যাতে‌‌ অভিজ্ঞানৰ‌ দৰে তাকো এদিন সকলোৱে চিনি পায় ৷

✍️চন্দনা হীৰা
গুৱাহাটী


শেৱালিৰ মনৰ আশা

শেৱালি আৰু আইতাক গাঁওখনৰ একেবাৰে সিটো মূৰত এটি সৰু জুপুৰিত বাস কৰে। শেৱালিৰ মাক-দেউতাক দুয়োৰে এটি আকস্মিক মটৰ দুৰ্ঘটনাত মৃত্যু হৈছিল।  আইতাকে ইঘৰে সিঘৰে ধান-চাউল জাৰি; বিয়া-বাৰু, সকাম-নিকাম পাতিলে ইটো সিটো কাম কৰি দি কোনোমতে কণমানি নাতিনীজনীৰ সৈতে জীৱন নিৰ্বাহ কৰি আছে। কিন্তু কণমানি শেৱালিক অভাৱ নোপোৱাকৈ, তেওঁ নিজে নাখায়ো খোৱাই আলৈ-বিলৈকৈ ডাঙৰ-দীঘল কৰিছে। ক'ৰবাত কিবা এটা ভাল খোৱা বস্তু পালেই চাদৰৰ আগটোতে কণমানি নাতিনীজনীলৈ বুলি বান্ধি আনে। গাঁওখনৰ আটাইতকৈ সম্ভ্ৰান্ত মানুহ হিচাপে পৰিচিত শুভংকৰ শইকীয়াৰ ঘৰত তেওঁৰ একমাত্ৰ ল'ৰাৰ বিয়াৰ আয়োজন চলিছে। বিয়ালৈ শেৱালি আৰু আইতাককো নিমন্ত্ৰণ কৰিছে। বিয়ালৈ যোৱাৰ কথা ভাবি শেৱালিৰ মনত অন্তহীন আনন্দ আৰু স্ফূৰ্তি। বিয়াৰ আগদিনাখনেই গাঁৱৰ ল'ৰা এটাৰ আগত কৈ পঠিয়াইছে, শেৱালিৰ আইতাকক বিয়াঘৰলৈ অলপ সোনকালে যাবলৈ। এইবাৰ বাকচটোৰ একেবাৰে তলিত থকা পুৰণি বগা পাটকাপোৰ যোৰ উলিয়াই ল'লে, শেৱালিৰ আইতাক বিমলীয়ে। শেৱালিকো এটি ভাল ফ্ৰক পিন্ধাই দুয়ো বিয়াঘৰলৈ বুলি ওলাল। বিয়াঘৰত মস্ত এখন ৰভা, ৰমক-জমক সাজ-পাৰেৰে অহা আহিছে আৰু যোৱা গৈছে। বিয়াঘৰ পোৱা মাত্ৰকে দৰাৰ মাকক মাত লগাওঁতেই দৰাৰ মাকে শেৱালিৰ আইতাকক ক'লে,"অ, বিমলী বাইদেউ! আহিলা, যোৱাচোন পাছফালৰ ঢেঁকীশাললৈকে যোৱা, তামোল অলপ কাটি দিয়াগৈ।" শেৱালিক তলৰ পৰা ওপৰলৈ চাই দৰাৰ মাকে কটাক্ষ কৰি ক'লে, "এহ্‌! আইতাৰৰ লগত তয়ো আহিলি হ'বলা? বাৰু যা পাছফাললৈকে।" শেৱালি আইতাকৰ লগতে গৈ ঢেঁকীশালৰ ওচৰতে বহি পৰিল। তাইৰ সমনীয়া ছোৱালীবোৰে দৌৰা-দৌৰিকৈ খেলি ফুৰিছে। ইতিমধ্যে নিমন্ত্ৰিত অতিথিসকলো আহিছে আৰু খাই-বৈ গুচি গৈছে। কিন্তু ক'তা সিহঁতক দেখোন চাহপানী এবাতি যাচিবলৈকো কোনো অহা নাই। ঘৰতে শুদা পানী এটুপি খাই অহা শেৱালিয়ে আইতাকক বাৰে বাৰে সুধিছে, "অ' আইতা আমাক খাবলৈ নামাতে নেকি?" আইতাকে "এ মাতিব ৰ'চোন " বুলি কোৱাৰ ভাগতে থাকিল..।

আবেলি চাৰি বাজিবৰ হ'ল। আইতাক নাতিনীয়েক দুয়োৰে  ভোক লাগিছে। তামোল কাটিও আজৰি হৈছে, কিন্তু কোনেও তেওঁলোকক ভিতৰলৈহে মতা নাই। একোবত মাত এষাৰ দি যাওঁগৈ বুলি ওলাওঁতেই, গাঁৱৰে ল'ৰা এটাই সুধিলে, "বিমলী আইতা, খালে নে নাই?"। আইতাকে নাইখোৱা বুলি কোৱাত ল'ৰাটোৱে ভিতৰলৈ বহাবলৈ নিওঁতেই বিলনীয়া ল'ৰাকেইটাই ক'লে, "লুচি, পোলাও, মাছ, মাংস সকলো শেষ হৈছে, এতিয়া কাৰিকৰে নাৰান্ধে আৰু দৰা সোনকালে ওলাই যাব কাৰণে গৃহস্থই ৰান্ধিবলৈ মানা কৰিছে........।" এহ্‌ হ'ব বোপাইহঁত বুলি কৈ দৰাকে আশীৰ্বাদ এটা দি আইতাকে শেৱালিৰ হাতত ধৰি ঘৰলৈ বুলি খোজ ল'লে। ঘৰ পাই চাউলমুঠিতে আলু দুটা দি ৰান্ধি ভাতকেইটামান খোৱাতহে আইতাক নাতিনীয়েক দুয়োৱে অলপ তত্‌ পালে।

কণমানি শেৱালিৰ মুখখনি চাই, আইতাকৰ বেজাৰ লাগিল। নাতিনীয়েকক বুকুত সুমুৱাই আইতাকে সান্ত্বনাৰ সুৰেৰে মূৰত হাত ফুৰাই দি ক'লে, "আই অ', ভালকৈ পঢ়ি-শুনি ডাঙৰ মানুহ হ। মাছ-মাংস, ঘিঁউ-মাখন যি মন যায় ভাল বস্তু নিজেও খাবি, মোকো খুৱাবি, কেৱল ভালকৈ পঢ়।"

✍️প্ৰাংশু অনুভৱ বৰুৱা
শিৱসাগৰ


পদ্যঃ

ককা অ' ককা 

ককা অ' ককা
কথা এটি কওঁ শুনা 
নুশুনিলে লাগিব যে লেঠা!
ফুল মোৰ অতি মৰমৰ
ৰং যে নানা তৰহৰ
পিছে ককা কথাটো তুমি মন কৰিছানে!
ফুটুকী পখিলাই নাচে
ফুলবোৰৰ লগত কিনো কথা পাতে
পিছে ককা কথাটো তুমি মন কৰিছানে!
সাধু শুনি বৰ ভাল লাগে
মন মোৰ উলাহতে নাচে
পিছে ককা কথাটো তুমি মন কৰিছানে!
সেউজীয়া ৰঙে মোক মাতে
সেয়ে আনন্দতে খেলোঁ নিতে 
পিছে ককা কথাটো তুমি মন কৰিছানে!
পোহৰ বিচাৰি যাওঁ
সেয়ে লতিঘটি খাওঁ 
পিছে ককা কথাটো তুমি মন কৰিছানে!
আন্ধাৰ ভাল নাপাওঁ
সেয়ে মাজে মাজে বৰ ভয় পাওঁ
পিছে ককা কথাটো তুমি মন কৰিছানে!
জোনবাই মোৰ অতিকে আপোন
সেয়ে দেখোঁ ৰঙীন সপোন
পিছে ককা কথাটো তুমি মন কৰিছানে!
ককা অ' ককা
আধুনিক ককা
কথা এটি কওঁ শুনা
নুশুনিলে লাগিব যে লেঠা!!!

✍️দীপাংকৰ ভূঞা, নগাঁও


মুৰ্খ সিংহ

('মুৰ্খ সিংহ' সাধুৰ আলমত)

এদিন সিংহই বুদ্ধি পাঙি 
পাতিলে এখনি সভা,
সিংহৰ সভালৈ আহিল সকলো
আহিল বুদ্ধিয়ক শহা।
সিংহই গহীনাই ক'লে সকলোকে
কথা শুনা কাণপাতি,
প্ৰতিদিনাই এজন আহিবা তোমালোক
ভোজৰ বাবে পালপাতি।
সিংহৰ কথাত নকৰি আপত্তি
হয়ভৰ দিলে সকলোৱে,
আহিবলৈ ধৰিলে এজন এজনকৈ
সিংহৰ আহাৰৰ বাবে।
এদিন বুদ্ধিয়ক শহাৰ পাল
পৰিল অৱশেষত,
শহাই ভাবিলে সিংহক কেনেকৈ
পেলাওঁ মৃত্যু মুখত!
ভবা মতেই বুদ্ধি কৰি
শহা আহিল দেৰিকৈ,
পলম হোৱা দেখি সিংহৰ
খং উঠিল বৰকৈ।
শহাক দেখি গৰজি উঠিল
পলম কৰিলা কেলৈ?
শহাই বোলে ক্ষমিব মহাৰাজ 
অহা নাছিলো পলমকৈ।
বাটত অন্য এজন সিংহই
ধৰিলে বাট ভেটি,
কিবা স্বৰূপে প্ৰাণ বচাই
পাইছোহি মই আহি।
শুনি দ্বিতীয়জন সিংহৰ কথা
সিংহ উঠিল গৰজি,
মোৰ বাহিৰে কোন ফুৰিছে
এই অৰণ্যত ভ্ৰমি।
শহাই বোলে ৰাখিছোঁ মনত
তেওঁ থকা ঠাই,
লগত গ'লে দেখুৱাব পাৰিম
নিলগৰ পৰা আঙুলিয়াই।
কথা শুনি সিংহ ওলাল
শহাৰ সৈতে যাবলৈ,
শহাই ভাবিলে আজি তোক
বধিমেই মই কিবাকৈ।
কুঁৱাটোলৈ আঙুলিয়াই দি
শহাই বোলে মহাৰাজ,
তাতেই আছে দ্বিতীয়টো সিংহ
আগুচিছিল যি মোৰ বাট।
কুঁৱাৰ পাৰত থিয়হৈ সিংহই
চালে তললৈ বুলি,
দেখি নিজৰ ছবি সিংহই
ভাবিলে অন্য এটা বুলি।
নেভাবি নিচিন্তি সিংহই দিলে
কুঁৱালৈ বুলি জাঁপ,
কুঁৱাত পৰি সিংহ মৰিল
শহাই মাৰিলে সুখৰ জাঁপ।।

✍️মঞ্জিত হাজৰিকা, যোৰহাট।


গছ

আৰু নাকাটিবা মোক
ধ্বংস নকৰিবা।
মোৰ অবিহনে এটা পলো যে 
অস্তিত্বহীন 
জানিও নাজানা কিয়?
বাট-পথ, ৰাস্তা-ঘাট 
আলি-পদুলি মোৰ অবিহনেই
পোহৰাই তুলিলা 
থাকিব পাৰিবা জানো, 
মোৰ অনুপস্থিতিত 
জীৱন জীয়াব পাৰিবা জানো?
কাবৌ কৰিছোঁ বোপাইহঁত 
আৰু নাকাটিবা মোক।
বাঢ়িব দিয়া মোৰ 
অঙহী-বঙহীবোৰ 
তেতিয়া তুমিও থাকিব
পাৰিবা আজীৱন সুখেৰে 
আৰু নাকাটিবা 
আৰু নাকাটিবা মোক ।

✍️ধৰিত্ৰী মহন্ত, হাজো, ৰামদিয়া।


এগৰাকী শিক্ষয়িত্ৰীৰ মনৰ কথাঃ

ছাত্ৰ জীৱনত শিক্ষাৰ গুৰুত্ব

     আচলতে শিক্ষা হ'ল বহিৰ্জগত সম্পৰ্কে অভিজ্ঞতা আহৰণ যাক ভিত্তি কৰি ছাত্ৰসকলে পৰৱৰ্তী কাম-কাজ বা আচৰণ নিৰ্ধাৰণ কৰে। গতিকে ছাত্ৰ জীৱনত শিক্ষাৰ গুৰুত্ব অপৰিসীম। আনুষ্ঠানিক শিক্ষাই হওক বা অনানুষ্ঠানিক শিক্ষাই হওক দুয়োধৰণৰ শিক্ষাই ছাত্ৰ জীৱনৰ অন্যতম নিৰ্ণায়ক পৰিঘটনা, যাৰ ভেঁটিত ছাত্ৰসকলে জীৱন বাটত আগুৱাই যাব পাৰে।
     শিক্ষা হৈছে মানৱ জীৱনৰ এক অমূল্য সম্পদ। শিক্ষাই মানুহক আন্ধাৰৰ পৰা পোহৰ প্ৰাপ্তিৰ পথ দেখুৱায়। শিক্ষা এক জীৱন ব্যাপী চলি থকা প্ৰক্ৰিয়া।
     শিক্ষা মানুহৰ শ্ৰেষ্ঠ সম্পদ। ই মানুহৰ প্ৰকৃত সৌন্দৰ্য আৰু সুৰক্ষিত গোপনীয় ধন। শিক্ষা ভোগ,যশস্যা আৰু সুখৰ কাৰণ। শিক্ষা গুৰুজনাৰো গুৰু। বিদেশ ভ্ৰমণত শিক্ষা বন্ধুতুল্য। শিক্ষা শ্ৰেষ্ঠ দেৱতা। শিক্ষাহীন জীৱনৰ কোনো সাৰ্থকতা থাকিব নোৱাৰে। শিক্ষা হ'ল  সকলো ছাত্ৰৰ সৰ্বাংগীন বিকাশৰ গুৰুত্বপূৰ্ণ উপাদান।পৃথিৱীত মানুহে কেৱল শিকে আৰু শিকে। 
      অসমীয়াত এষাৰ কথা আছে -- "লিখা-পঢ়া কৰে যেয়ে গুণী-জ্ঞানী হয় সেয়ে।" গতিকে যি শিক্ষা ছাত্ৰসকলৰ বাবে জীৱন পথৰ পাথেয় তেনে শিক্ষা ছাত্ৰ জীৱনত অতি গুৰুত্বপূৰ্ণ।

✍️জ্যোতিমণি শইকীয়া বৰুৱা
শিক্ষয়িত্ৰী
২৭২৬ নং পশ্চিম মহব্বৰালী প্ৰা: বি:
লাওখোৱা ব্লক, নগাঁও, অসম।


কবিতা কাননঃ

ফুল

ফুল ফুল ফুল
গোন্ধত আমোল মোল,
ফুলনিত ফুলি আছে
নানাৰঙী ফুল।

ফুলবোৰ ৰাখোঁ মই
কৰি আতোলতোল ৷।

✍️চানী হাজৰিকা
প্ৰাগজ্যোতিকা ইংলিচ স্কুল, তিতাবৰ।


সৌৰজগত

সৌৰজগত খনত
৮ টা গ্ৰহ আছে,
সকলোৰে নিজৰ নিজৰ
বৈশিষ্ট্য আছে।
 
অকণমানি বুধ গ্ৰহটো
সূৰ্য্যৰ ওচৰত থাকে,
গৰম গৰম শুক্ৰ গ্ৰহ
বুধৰ ওচৰতে থাকে।

জীৱ-জন্তু থকা পৃথিৱী খনি
গছ-গছনিৰে ভৰি আছে,
ৰঙা ৰঙৰ মংগল গ্ৰহলৈ
মানুহে যাবলৈ মন কৰে।

বৃহস্পতি গ্ৰহটো
সকলোতকৈ ডাঙৰ,
আঙুঠি থকা শনি গ্ৰহটো
মনোমোহা বৰ।

সপ্তম স্থানৰ ইউৰেনাচ
মনে মনে থাকে,
ঠাণ্ডা গ্ৰহ নেপচুনে
দূৰৰ পৰা চাই থাকে।

✍️বৈভৱী দত্ত
চতুৰ্থ শ্ৰেণী, জোনাকী সংঘ বিদ্যালয়, যোৰহাট


ধুমুহা

মেদিনী কঁপাই অহা
ধুমুহাজাকে
চাৰিওফালে ঘেৰি ধৰিছে
যেন গোটেই পৃথিৱীখন
কাল ধুমুহাই গ্ৰাস কৰিছে,
আকাশখন কলীয়া ডাৱৰে
আৱৰি ৰাখিছে।
বৰষুণৰ ঝৰ্‌ ঝৰ্‌ শব্দত
একো নুশুনা হৈছে
চাৰিওফালৰ দৃশ্য
নিস্তেজ হৈ গৈছে।
পিছে আগফালৰ গছজোপাই
এই বৰষুণটো
হালি-জালি নাচিছে,
চাৰিওফালে অকল ঘন মেঘ
আৰু
বৰষুণৰ টোপালবোৰহে দেখিছোঁ।

✍️দেৱৰ্ষি হালৈ
পঞ্চম শ্ৰেণী
জোনাকী সংঘ বিদ্যালয়, যোৰহাট।


তোমালোকৰ গল্পঃ

ৰাজুৰ সপোন

এখন গাঁৱত ৰাজু নামৰ এটা ল'ৰা আছিল। সি বৰ দুষ্ট আছিল যদিও পঢ়া-শুনাৰ লগতে খেলতো বৰ ভাল আছিল। তাৰ সৰুৰে পৰাই এজন পুলিচ অফিচাৰ হোৱাৰ সপোন আছিল। তাক স্কুলত শিক্ষক-শিক্ষয়িত্ৰীসকলেও খুব ভাল পাইছিল।         
এদিন কলেজৰ পৰা ঘৰলৈ আহোতে সি ৰাস্তাত দেখা পালে কিছুমান মানুহক এজন ব্যক্তিয়ে এডোখৰ ডাঙৰ মুকলি ঠাইত এটা পেণ্ডেল সুন্দৰকৈ আৰু অতি কম সময়ৰ ভিতৰতে সাজি উলিয়াবলৈ পৰামৰ্শ দি আছে। তাকে দেখি ৰাজু মানুহজনৰ ওচৰলৈ গৈ সুধিলে যে এই পেণ্ডেলতো তৈয়াৰ কৰাত আপুনি কিয় ইমান গুৰুত্ব দিছে?
তেতিয়া মানুহজনে ক'লে- কি তুমি গম পোৱাই নাই নেকি? অহাকালিলৈ আমাৰ জিলাখনৰ আৰক্ষী অধীক্ষক শ্ৰী হেমাঙ্গ ৰাজ বৰঠাকুৰ ছাৰ আহিব। তেওঁৰ নাম আমাৰ ইয়াতেই নহয় আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্ততো প্ৰসিদ্ধ। তাকে শুনি ৰাজুৰ বৰ ভাল লাগিল। সি পুনৰ সুধিলে- আৰক্ষী অধীক্ষক হ'বলৈ কি কৰিব লাগে? তেতিয়া মানুহজনে ক'লে- 'শুনা, আৰক্ষী অধীক্ষক হোৱাটো ইমান সহজ কথা নহয়। তাৰ বাবে আমি খুব পঢ়িব লাগিব, খুব কষ্ট কৰিব লাগিব, একাগ্ৰতা আৰু আত্মবিশ্বাসেৰে আই পি এছ চি পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰিলেহে তুমি এজন আৰক্ষী অধীক্ষক হিচাপে স্বীকৃতি লাভ কৰিব পাৰিবা।' তেতিয়াৰে পৰা ৰাজুৱে ৰাতিক দিন কৰি খুব পঢ়িবলৈ ল'লে। তাৰ ফলস্বৰূপে সি কলেজৰ সকলো পৰীক্ষাতেই সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ল। তাৰ পিছত সি আই পি এছ চি পৰীক্ষাতো নিজৰ লগতে গাঁওখনৰো নাম উজ্জ্বলাই তুলিবলৈ সক্ষম হ'ল। তাৰ এই সুখ্যাতিত গাঁওবাসী যথেষ্ট আনন্দিত হৈ পৰিল। 

কেইদিন মানৰ পিছত ৰাজুৱে সঁচাকৈয়ে এজন আৰক্ষী অধীক্ষক হিচাপে কৰ্মত যোগদান কৰিলে। কৰ্ম জীৱনৰ পাতনিতে সি জিলাৰ ড্ৰাগ্‌ছ ব্যৱসায় চিণ্ডিকেট কৰা সকলক ধৰি সেইবোৰৰ পৰা মুক্ত কৰিলে। লাহে লাহে তাৰ নাম নিজৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ৰাজ্যতো প্ৰসিদ্ধ হ'ল। ৰাজুৰ যশস্যাত তাৰ বৃদ্ধ পিতৃ-মাতৃ যথেষ্ট সুখী হ'ল।

✍️স্বৰগম কিশোৰ শৰ্মা
তিতাবৰ টাউন স্কুল, শ্ৰেণী- সপ্তম।


তোমালোকে অঁকা ছবিঃ


 
অভিষেক শইকীয়া
কেন্দ্ৰীয় বিদ্যালয়, যোৰহাট



মৃদুপৱন দত্ত
ডি.পি.এচ., দুলীয়াজান



মহান দাস
জয়া বিদ্যাপীঠ, যোৰহাট



চানী হাজৰিকা
প্ৰাগজ্যোতিকা ইংলিচ স্কুল



সাগৰিকা চৌধুৰী
আৰ.ডি. ৰাজপাল পাব্লিক স্কুল, নতুন দিল্লী



স্নেহা বৰদলৈ
ডি.পি.এচ. 
দ্বাৰকা, নতুন দিল্লী


               

সুশান্ত চৌধুৰী
আৰ.ডি. ৰাজপাল পাব্লিক স্কুল
দ্বাৰকা, নতুন দিল্লী



বৈভৱী দাস
মহৰ্ষি বিদ্যা মন্দিৰ, গুৱাহাটী


অধিৰাজ হাজৰিকা
শ্ৰেণী- কে.জি.


কুঁহি পৰশা দাস
চেণ্ট জেৱিয়াৰ্চ এইচ্‌.এচ. স্কুল
দুলীয়াজান, ডিব্ৰুগড়


আয়ুষ চেতিয়া
চেণ্ট জেৱিয়াৰ্চ এইচ্‌.এচ. স্কুল
দুলীয়াজান, ডিব্ৰুগড়


আৰিফা আহমেদ
চেণ্ট জেৱিয়াৰ্চ এইচ্‌.এচ. স্কুল
দুলীয়াজান, ডিব্ৰুগড়


প্ৰিন্সি প্ৰিয়া ডেকা
চেণ্ট জেৱিয়াৰ্চ এইচ্‌.এচ. স্কুল
দুলীয়াজান, ডিব্ৰুগড়



লিয়ান্স আৰ্থ ফুকন
চেণ্ট জেৱিয়াৰ্চ এইচ্‌.এচ. স্কুল
দুলীয়াজান, ডিব্ৰুগড়


অভিজ্ঞান শাণ্ডিল্য
শ্বেম্‌ফ'ৰ্ড ফিউচাৰিষ্টিক্‌ ইংলিচ স্কুল


সাঁথৰ ভাঙিব পাৰিবানেঃ

১। কনকৰ নকৰ কাটি, পাঠাৰ কাটি পা,
     লবংগৰ বংগ কাটি মজা মাৰি খা।
২। নদ-নদী শুকাই গ'ল, 
    গছৰ আগত পানী ৰ'ল।
৩। গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, 
     লগুণ আছে কিন্তু বামুণ নহয়।
৪। ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ,
     পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ।
৫। চুই চা চুই চা, 
     চুই দিলে পইছা।
৬। এটি নিগনি এশ ধান কুটে, 
     নেগুৰত ধৰিলে জাঁপ মাৰি উঠে।
৭। এটা মাছৰ দুখন ফিচা, 
     বুৰ মাৰিলেই সকলো মিছা।
৮। ৰজাৰ আলিবাট, 
     তিয়াব পাৰি শুকুৱাব নোৱাৰি।
৯। শদিয়ালৈ নাযাবা সতফুল নাখাবা,
     কেঁচাপাতত নাবান্ধিবা লোণ, উপজিয়ে লৰ মাৰে কোন?
১০। জলত জন্ম স্থলত বাস,
       মাকে চুলে হয় সৰ্বনাশ।

(ওপৰত উল্লেখ কৰা সাঁথৰ কেইটা ভাঙিব পাৰিবানে? যদি পাৰা উত্তৰসমূহ লিখি আগন্তুক ২৫ ছেপ্টেম্বৰৰ ভিতৰত 9678696861 নম্বৰলৈ হোৱাটচএপ যোগে পঠিয়াবাচোন। আটাইকেইটা সাঁথৰ ভাঙিব পৰা সকলৰ মাজৰ পৰা লটাৰিযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব।)

যোৱা জুন (২০২১) সংখ্যাৰ সাঁথৰৰ উত্তৰসমূহঃ

১)সাগৰ। (২)তেল। (৩)কণী। (৪)জিভা। (৫)পিয়াঁজ। (৬)কলপাত। (৭)কুঁহিয়াৰ। (৮)তামোল গছ। (৯)মহ। (১০)শঙ্খ।

যোৱা জুন সংখ্যাৰ সাঁথৰৰ আটাইকেইটাৰে শুদ্ধ উত্তৰ দি বিবেচিত হৈছে--

তন্ময়ী হাজৰিকা
পঞ্চম শ্ৰেণী
গ'ল্ড লাইন মডেল হাইস্কুল, শিৱসাগৰ।


মামাৰ প্ৰশ্নঃ

১। ভাৰতৰ কোনখন চহৰক 'পিংক চিটি' নামেৰে জনা যায়?
২। পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী চৰাইজনীৰ নাম কি?
৩। বৰ্তমানৰ শ্ৰীলংকাখনৰ প্ৰাচীন নাম কি আছিল?
৪। 'লৌহ মানৱ' হিচাপে খ্যাত ব্যক্তিজন কোন?
৫। মোগল গাৰ্ডেন ক'ত অৱস্থিত?
৬। 'অৰণ্য মানৱ' বুলি কাক অভিহিত কৰা হয়?
৭। পৃথিৱীৰ বৃহত্তম নদী দ্বীপটো হ'ল মাজুলী, ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি বাৰু?
৮। নালন্দা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত?
৯। প্ৰথম অসমীয়া স্নাতকগৰাকী কোন?
১০। ২০২১ বৰ্ষৰ অলিম্পিক খেলখন ক'ত অনুষ্ঠিত হয়?

(ওপৰত উল্লেখ কৰা প্ৰশ্ন কেইটাৰ উত্তৰ দিব পাৰিবানে? যদি পাৰা উত্তৰসমূহ লিখি আগন্তুক ২৫ ছেপ্টেম্বৰৰ ভিতৰত 9678696861 নম্বৰলৈ হোৱাটচএপ যোগে পঠিয়াবাচোন। আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিব পৰা সকলৰ মাজৰ পৰা লটাৰিযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব।)

যোৱা সংখ্যাৰ মামাৰ প্ৰশ্নৰ উত্তৰসমূহ

১) উত্তৰঃ বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি। 
২) উত্তৰঃ ধোঁৱাহাটৰ বেলগুৰিত।
৩)উত্তৰঃ শিশু আলোচনী।
৪) উত্তৰঃ কুকুৰা যুঁজ।
৫) উত্তৰঃ বিশ্ব পৰিৱেশ দিৱস। 
৬) উত্তৰঃ বিহগী কবি।
৭) উত্তৰঃ ছাৰ আইজাক নিউটন।
৮) উত্তৰঃ লক্ষ্মণ ৰেখা।
৯) উত্তৰঃ ৬০০ বছৰ (আহোমসকল)।
১০) উত্তৰঃ ম'বাইল।

যোৱা জুন সংখ্যাত আটাইকেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনেও দিব নোৱাৰাত এই পুৰস্কাৰটি বিবেচিত নহ'ল।


কবিতাৰ ভেদ ভাঙাঃ

তিনিডলীয়া চাঙৰ ওপৰত
পতা আছে পীৰা
তলত আছে খৰম এজোৰ
ভৰি থৈ ঘূৰা।
খৰম ঘূৰালে শিকলি ঘূৰে
ঘূৰে দুটা চকা
পীৰাত বহি নালত ধৰি
ঘূৰি পকি থাকা।
বতাহ খোৱা চকা দুটাত
আছে এগাল শলি
নালত থকা ঘন্টাই কয়
আঁতৰি দিয়া বুলি।
ইয়াতে বহি সকলোৱে
ঘূৰা পকা কৰে
কিনো বাৰু এইফেৰা
তোমাক কঢ়িয়াই মৰে?

মৰমৰ অকণিহঁত, ওপৰত এটা কবিতাৰ মাধ্যমেৰে তোমালোকক এটা প্ৰশ্ন সোধা হৈছে। এই প্ৰশ্নটোৰ উত্তৰটিও কবিতাৰ জৰিয়তে দিব পাৰিবানে? যদি পাৰা আমালৈ উত্তৰটো লেখি পঠিয়াবাচোন। শ্ৰেষ্ঠ উত্তৰ দিওঁতালৈ মানপত্ৰ প্ৰদান কৰা হ'ব।


তোমালোকৰ ভাল হওকঃ

মৰমৰ অকণিহঁত তোমালোকে জানানে শিশু আলোচনী এখন তোমালোকৰ বাবে কিমান উপকাৰী হয়? আজি তোমালোকক এই বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। তোমালোকে মন দি পঢ়িবা। তোমালোকে বাৰু আলোচনী পঢ়ি ভালপোৱা নে? নিশ্চয় ভালপোৱা। 'অকণিৰ অংকুৰণ'ৰ বাহিৰে আনবোৰ শিশু আলোচনীও তোমালোকে পঢ়ানে, যেনে-  'সঁফুৰা'; 'মৌচাক'; 'ৰংমন'; 'পখিলা' আদি? কেতিয়াবা পঢ়িবাচোন সকলোৱে। তোমালোকে জানানে এই আলোচনীসমূহৰ জৰিয়তে তোমালোকৰ মানসিক আৰু বৌদ্ধিক বিকাশ সাধন বহুখিনি সম্ভৱ হয়। একো একোখন শিশু আলোচনীৰ উদ্দেশ্যই হৈছে তোমালোকৰ মাজত অন্তৰ্নিহিত সুকুমাৰ কলাৰ উৎকৰ্ষ সাধন, তোমালোকক আত্মনিৰ্ভৰশীল হোৱাৰ শিক্ষা, আনৰ প্ৰতি সহনশীল হোৱা, সকলোকে শ্ৰদ্ধা, মৰম কৰাৰ শিক্ষা প্ৰদান কৰা। এই আলোচনীবোৰত তোমালোকৰ উপযোগীকৈ লিখা বহুতো লেখা পোৱা যায়। গল্প, কবিতা, কাহিনী, সাধুকথা, সাঁথৰ আদিৰ লগতে বহু ৰঙীণ ছবিও থাকে। গতিকে তোমালোকে আজৰি সময়ত খেলা-ধূলা, টিভি চোৱা, ম'বাইলত গেম আদি খেলাৰ উপৰিও এই আলোচনীসমূহৰ সকলো লেখা পঢ়ি চাবলৈ যত্ন কৰিবা। ইয়াৰপৰা তোমালোকে বহু নেদেখা নুশুনা কথাৰ বিষয়ে জানিবলৈ পাবা লগতে বহু কথা সহজে বুজিও পাবা। তদুপৰি পঢ়াৰ লগতে তোমালোকে পৰাপক্ষত ছবি অঁকা, সাধু, গল্প, কবিতা আদি লিখিবলৈ চেষ্টা কৰিবা আৰু লেখাবোৰ তোমালোকেও সুন্দৰকৈ সজাই আলোচনীলৈ প্ৰকাশৰ বাবে প্ৰেৰণ কৰিবা। 

এইখিনিতে 'অকণিৰ অংকুৰণ'ৰ সমূহ পাঠক-পাঠিকা তথা অকণিহঁতক এই কথা অৱগত কৰাবলৈ পাই সুখী হৈছোঁ যে ক'ভিডসৃষ্ট জটিল পৰিস্থিতিৰ বাবে ২০২০ বৰ্ষৰ পৰা বৰ্তমানলৈ আলোচনীখনিৰ যিকেইটি সংখ্যা অনলাইন যোগে প্ৰকাশ পাই আহিছে, অনাগত সময়ত অৰ্থাৎ বিদ্যালয়সমূহ পাঠদানৰ বাবে মুকলি কৰি দিলেই অংকুৰণৰ সম্পাদনা সমিতিয়ে আটাইকেইটি সংখ্যা পুনৰ ছপা আকাৰে প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। অকণিহঁতৰ বাবে ই অতি সুখবৰ, তোমালোকে আকৌ হাতে হাতে অংকুৰণ পঢ়িবলৈ পাবা। গতিকে তোমালোক সকলোৱে আলোচনীখন নিজৰ সুবিধা অনুযায়ী পঢ়িবলৈ কিনিব পাৰিবা অন্যথা বিদ্যালয়ৰ ছাৰ-বাইদেউহঁতকো আলোচনীখন পঢ়িবলৈ যোগাযোগ কৰিব পাৰিবা। কেৱল 'অকণিৰ অংকুৰণ'খনিয়ে নহয় আনবোৰ আলোচনীও পঢ়াৰ আগ্ৰহ থাকিলে তোমালোকৰ অভিভাৱকসকলক সুবিধামতে যোগাৰ কৰি দিবলৈ অনুৰোধ জনাবা। শেষত অতি মৰমেৰে অকণিহঁতৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্যৰ কামনা কৰিলোঁ। তোমালোকেও তোমালোকৰ প্ৰিয় আলোচনীখনিক এনেদৰে সদায় মৰম দি থাকিবা বুলি আশা ৰাখিলোঁ।

✍️মৌচুমী গগৈ
মাৰ্ঘেৰিটা, অসম।

Post a Comment

0 Comments