অঙ্গন (১৮ নং সংখ্যা)

পৃষ্ঠা ১




পৃষ্ঠাঃ ২

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 ফেব্ৰুৱাৰী, 2021

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ ৫
বিধান সভা নিৰ্বাচন

২/ প্ৰৱন্ধ: ৬
ক/ মগজুৰ বিশ্ৰাম
খ/ ভালপোৱা সজাগতা, সতৰ্কতা, সংৰক্ষণ

৩/ বিশেষ গল্পঃ ৮
বাসন্তীৰ বিলৈ

৪/ ধাৰাবাহিক উপন্যাসঃ ৯
ক/ধুমুহাই ভঙা সপোন
খ/ অভিশ্ৰুতি
গ/ এই বাটেদি ৰাধা যমুনালৈ যায়

৫/ অণুগল্পঃ ১২
ক/ সহোদৰ, খ/ হেমকাই

৬/ এক মিনিটৰ গল্পঃ ১৩
সম্পৰ্ক

৭/ অনুবাদ কবিতাঃ ১৪
মোৰ পিছফালে কোনোবা আছে

৮/কবিতাঃ ১৬
ক/ কথোপকথন -- জীৱন ৰসায়ন
খ/ ধূলিয়ৰি ফাগুনৰ গান
গ/ মাটিৰ গোন্ধ
ঘ/ তুমি জোনাক ছটিয়াইছিলা
ঙ/ শৰবিদ্ধ দেৱব্ৰত
চ/ প্ৰতিশ্ৰুতি
ছ/ উন্মাদনা
জ/ বেদনা
ঝ/ নাৰীৰ গাঁথা
ট/ ইউ আৰ মাই ভেলেন্টাইন
ঠ/ গোপন প্ৰেমৰ অব্যক্ত বেদনা
ড/ফাগুনৰ সুবাস

৯/ ভ্ৰমণ কাহিনীঃ ২৭
মোৰ ভ্ৰমণ ডায়েৰীঃ ১০
কাংগ্ৰা

১০/ গল্পঃ ২৮
ক। বৰণ
খ। তোমালোক আহিবা জুই বিচাৰি
গ। দুখৰ ডেউকাত সুখৰ আলিংগন

১১/ চুটি গল্পঃ ৩১
মিথ্যাচাৰ

১২/ শিশু সাহিত্যঃ ৩২
শিশুৰ সৰ্বাঙ্গীন বিকাশত এখন ঘৰৰ ভূমিকা

১৩/ আমাৰ সংবাদঃ ৩৩
অংকুৰণ প্ৰকাশনৰ ৬ খন গ্ৰন্থ উন্মোচন

১৪/ নষ্টালজীয়াঃ ৩৪
এজনী বান্ধৱীৰ কথা

১৫/ চিত্ৰকল্পঃ ৩৫

১৬/ শেষ পৃষ্ঠাৰ লেখাঃ ৩৬
অনুভৱৰ কাপেদি


পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  Nishita, adarsh।
ফটোঃ মিন্টু ভঁৰালী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।


পৃষ্ঠা ৫
সম্পাদকীয়ঃ

বিধানসভা নিৰ্বাচন

মানুহে সমাজ পাতি বাস কৰিবলৈ শিকাৰে পৰাই ৰাজনীতিও আৰম্ভ হ'ল। ধ্ৰুৱ সত্য এয়াই যে প্ৰতিজন ব্যক্তি জন্মগতভাৱেই ৰাজনীতিৰ মেৰপাকত সোমাই পৰে। ৰাজনীতিৰ পৰা কোনেও আঁতৰি থাকিব নোৱাৰে। কোনোবাই আঁতৰি থাকিব খুজিলেও ৰাজনীতিয়ে তেওঁক নিজেই নিজৰ পাকচক্ৰত সুমুৱায় লয়।

ভাৰতীয় গণতন্ত্ৰৰ মূল বৈশিষ্ট্য এয়া যে কেন্দ্ৰীয় চৰকাৰেই হওক অথবা ৰাজ্য চৰকাৰেই হওক, প্ৰতি ৫ বছৰৰ মূৰে মূৰে প্ৰতিটো ৰাজনৈতিক দলেই চৰকাৰ গঠনৰ বাবে নিৰ্বাচনী বৈতৰণী পাৰ হ'বলগীয়া হয়। অসমত বৰ্তমান বিধান সভা নিৰ্বাচনৰ সময়। উল্লেখ্য যে অসমত কোনো এটা ৰাজনৈতিক দলেই একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব নোৱাৰে। ফলত আন দলৰ লগত মিত্ৰতা কৰিব লগীয়া হয়। অসমত বিগত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ২০১৬ চনৰ ৪ আৰু ১১ এপ্ৰিলত। বিভিন্ন বাতৰি কাকত, ইলেক্ট্ৰনিক সংবাদ মাধ্যম আদিত প্ৰকাশিত নিৰ্বাচনী আলোচনাৰ ভিত্তিত আমি পূৰ্বানুমান কৰিব পাৰোঁ যে এটা পষেকৰ ভিতৰতে নিৰ্বাচন আয়োগে অসমত বিধান সভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব। অসমত ইতিমধ্যে ন-পুৰণি, আঞ্চলিক-ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

বিগত কেইটামান দশকৰ পৰা অসমৰ সাধাৰণ জনসাধাৰণে লক্ষ্য কৰিছে যে পূৰ্বৰ ৰাজনৈতিক নেতা আৰু এতিয়াৰ নেতাসকলৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। অপ্ৰিয় সত্য এয়া যে বৰ্তমান ৰাজনৈতিক নেতাই ৰাজহুৱা কাম কাজত মন নিদিলেও কেৱল মেনেজ কৰিব পৰা কলাত দক্ষ হলেই নিৰ্বাচনী বৈতৰণী পাৰ হব পাৰে। বিশেষকৈ অসমত এনে ছবি দেখিবলৈ পোৱাৰ মূলতে অসমীয়া মানুহৰ সৰলতা আৰু ৰাজনৈতিক অপৰিপক্কতা।

আমি আশাবাদী, অসমবাসী ৰাজনৈতিকভাৱে সচেতন হওক। ক্ষন্তেকীয়া প্ৰলোভনত ভোল নগৈ নিজৰ মূল্যবান ভোটটো যোগ্য প্ৰাৰ্থীক দিয়ক আৰু এখন যোগ্য তথা শক্তিশালী চৰকাৰ গঠনৰ অংশীদাৰ হওক। 

হেমেন নাথ
সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 9678696861

পৃষ্ঠা ৬
প্ৰৱন্ধঃ

মগজুৰ বিশ্ৰাম

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও, ফোন 8011850172

বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে মোবাইল ফোনটো আমাৰ বাবে এৰাব নোৱাৰা সম্পদত পৰিণত হৈ পৰিছে ।আমাৰ মনে বিচৰা সকলো বস্তুৱেই বা বিষয়েই  আমাৰ মোবাইল ফোনটোত উপলব্ধ ।জেষ্ঠ ব্যক্তিসকলে প্ৰয়োজন অনুসৰিহে ফোনটো ব্যৱহাৰ কৰে ।কিন্তু ছাত্ৰ ছাত্ৰী সকলে মোবাইল ফোনটো ল'বলৈ ছেগ চাই থাকে ।সুবিধা পালেই নিজৰ পঢ়া শুনা, গৃহকৰ্ম অন্যান্য কাম বাদ দি কেৱল মোবাইল ফোনটোতে ফেচবুক কৰা, ইউ টিউব চোৱা, বন্ধু -বান্ধৱী লৈ বহু সময় ধৰি কথা বতৰা পাতি থকা আদি কামত মোবাইল ফোনটোতে ব্যস্ত থাকে ।এই কাৰ্য বেছি সহজ হৈ পৰিল কৰ'না সংক্ৰমণৰ বাবে দিয়া গৃহবন্দীত্বৰ সময়ত হোৱা অনলাইন ক্লাছ ৰ বাবে।অৱশ্যে এতিয়াও মোবাইলতকৈ কিতাপ পঢ়ি ভাল পোৱা বা কিতাপৰ পৰা শৈক্ষিক সমল বিচাৰি উলিওৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম নহয় ।
         বৰ্তমান সময়ত কম্পিউটাৰ আৰু চেলফোনে ছাত্ৰ ছাত্ৰীৰ মনোযোগ আৰু শিকাৰ ক্ষেত্ৰত এটা নতুন সমস্যাৰ সৃষ্টি কৰিছে ।দিনটোৰ বেছি সময়  মোবাইল ফোনত গেম খেলি থকা বা গানশুনা বা খুহুতীয়া অৰ্থাৎ হাঁহিৰ খোৰাক যোগোৱা বিভিন্ন অনুস্থান আদিয়ে ছাত্ৰ ছাত্ৰীৰ মনোযোগ হ্ৰাস কৰি আনিছে ।ফলস্বৰূপে মন অস্থিৰ হোৱাৰ লগতে জ্ঞান আহৰণ ক্ষণস্থায়ী হোৱা পৰিলক্ষিত হৈছে ।গৱেষক সকলে কৈছে যে এই বিধ প্ৰযুক্তিৰ জালত ডাঙৰ সৰু সকলো পৰিছে যদিও ইয়াৰ প্ৰভাৱ কম বয়সীয়া সকলৰ ক্ষেত্ৰত অতি বেছি । কিয়নো বয়সস্থ মানুহৰ মগজুৰ বিকাশ ইতিমধ্যে শেষ হল ।কিন্তু শিশুৰ ক্ষেত্ৰত মগজুৰ বিকাশ হৈ থকা অভ্যাসটো চিৰস্থায়ী হৈ যোৱাৰ ভয় বেছি কৈ থাকে ।ই কমবয়সীয়া ব্যক্তিৰ মনোযোগ দিয়া অভ্যাসক বহুখিনি ক্ষতিগ্ৰস্ত কৰিব পাৰে ।গৱেষক সকলে আকৌ কৈছে যে টেলিভিছন চোৱাতকৈ ভিডিঅ 'গেম খেলিলে টোপনি বেছি পাতল হয় আৰু তাৰ ফলত ল'ৰা -ছোৱালীৰ মনত ৰখা সামৰ্থ বহুখিনি কমি যায় ।হাভাৰ্ড মেডিকেল স্কুলৰ প্ৰফেছৰ ড ৰিচ্চে কৈছে  'শৰীৰৰ বাবে টোপনি যেনে, মগজুক সক্ৰিয় ৰখা কামৰ পৰা বিৰত থকাটো মগজুৰ বাবে তেনে ।কিন্তু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ মগজুটো ইলেক্ট্ৰনিক সঁজুলিবোৰে সকলো সময়তে সক্ৰিয় কৰি ৰাখে।'ইয়াৰ উপায় হিচাপে তেখেতে কৈছে যে ছাত্ৰ ছাত্ৰীক 'আমনি লাগিবলৈ দিয়ক ।'তেখেতে ছাত্ৰ ছাত্ৰীক এই সৰঞ্জামবোৰ দলিয়াই পেলাবলৈ কোৱা নাই, মাথোঁ সিবিলাকৰ এটা সন্তুলিত ব্যৱহাৰৰ কথাহে ব্যক্ত কৰিছে , যাৰ সহায়ত আধুনিক জীৱনৰ বিভিন্ন প্ৰতিযোগিতাত সফল হোৱাৰ পথ সুগম কৰিব পৰা যায়।'
             আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা যন্ত্ৰ পাতি বোৰক যেনেদৰে বিশ্ৰামৰ প্ৰয়োজন ।থিক সেইদৰে আমাৰ মগজুটো সুস্থিৰ হ'ব লৈ বিশ্ৰামৰ প্ৰয়োজন ।মানুহে যেতিয়া নিজৰ মগজুটো বিভিন্ন ধৰণে ব্যস্ত নাৰাখি মগজুক অৱকাশ দিয়ে,সেই অৱকাশে বিষয় এটা ভালদৰে বুজি পাবলৈ, তথ্য কিছুমান মনত ৰাখিবলৈ অথবা নতুন ধাৰণা কেতবোৰ গঢ় দিবলৈ মানুহ এজনক সক্ষম কৰি তোলে ।সেয়ে আমি সকলোৱেই চেল্ ফি ,ফটো  ,ভিডিঅ গেম আমোদ-প্ৰমোদৰ অলীক পৃথিৱীখনৰ পৰা নিজকে আঁতৰাই আনি মগজুক বিশ্ৰাম দিবলৈ অভ্যাস কৰাতো অতি জৰুৰী হৈ পৰিছে ।


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

ভালপোৱাৰ সজাগতা, সতৰ্কতা আৰু সংৰক্ষণ


অজয় বৰুৱা
দৰং, ফোন নংঃ 9707730427

           ভালপোৱা মানৱ জীৱনৰ চিৰ আকাংক্ষাৰ,চিৰ যুগমীয়া,সর্বশ্রেষ্ঠ কামনা,হৃদয়ৰ অমৃত ধাৰা। ই মানৱ জীৱনৰ শ্ৰেষ্ঠতম আৰ্শীবাদ, প্রাপ্তি-প্রাচুর্যৰ আধাৰ।ই প্রাণৰ এক তীব্ৰ আকূতি,এক তৃপ্তিদায়ক, আনন্দময় ভাবাৱেগ। ভালপোৱাই মানৱৰ নিশ্চিন্ত আশ্রয়স্থল, প্রগাঢ় বিশ্বাস। তথাপি ব্যক্তিৰ চাৰিত্রিক গুণ-দোষ, আচাৰ-আচৰণ, দৈনন্দিন কার্যাৱালী তথা প্রতিদিনৰ জীৱনত কিছু বিষয়ৰ যথাযথ প্রয়োগ আৰু অপ্রয়োগত ভালপোৱাৰ হ্রাস-বৃদ্ধি,ঘটাই,প্রাপ্তিৰ পৰম সৌভাগ্যৰ পৰা বঞ্চিত কৰাই।
    পৃথিৱীত কোনো বস্তুৱেই স্থায়ী নহয়। সকলোৰে ক্ষয়-ক্ষতি, খুঁটি-নাটি, কম-বেছি বা হ্রাস-বৃদ্ধি ঘটে। প্ৰেম বাদ ভালপোৱাৰো ব্যতিক্ৰম নহয়। পৰস্পৰ ভুল বুজা-বুজিৰ ফলত, অন্ধবিশ্বাস, সন্দেহ আদিৰ বাবে ভালপোৱা নামৰ সূক্ষ্ম আৰু ঠুনুকা অনুভূতিটোৰ অপমৃত্যু হয়। এনে কাৰ্য কেৱল দুজন প্রেমিক-প্রেমিকাৰে নহয়, পৰিয়ালৰ অন্যান্য সম্বন্ধ ৰ মাজতো হয়।আকৌ বহু ক্ষেত্ৰত অবাঞ্চিত বা অপ্রীতিকৰ কর্মৰ কাৰণে অতি ঘনিষ্ঠজনৰ মাজতো মানসিকভাৱে পর্বত প্রমাণ প্রাচীৰ গঢ়ি তোলে। যিহেতু ভালপোৱাৰ ৰাগীত প্রতিজন ব্যক্তি কম-বেছি পৰিমানে মতলীয়া গতিকে প্রতিটো খোজতে হেৰুৱাব খোজো নিজৰ অস্তিত্ব, আত্মপ্রকাশৰ বাট, প্রাপ্তি-অপ্ৰাপ্তিৰ স্বাদ। স্বাথার্ন্ধ মানুহে  ঈশ্বৰ প্ৰদত্ত ভালপোৱাক পণ দি প্রেমৰ পাশা খেলি ভালপোৱাৰ মর্যাদা ক্ষুণ্ণ কৰে, অমৃত স্পৰ্শৰ পৰা বঞ্চিত কৰে। সেয়ে প্রেম, ভালপোৱাক অতি যতনেৰে প্রতিপালন কৰা উচিত যাতে কোনো পৰিবেশ, পৰিস্থিতিত ভাল পোৱাত দাগ নেলাগে, হেৰাই নেখাই জীৱনৰ পৰা। এই ক্ষেত্ৰত বিশেষ ভাৱে সচেতন হোৱা আমি অতিকে প্রয়োজন। দৈনন্দিন কথা-বাৰ্তা, চাল-চলন, আচাৰ-ব্যৱহাৰত আমি সতৰ্ক ও সংযম হোৱা দৰকাৰ।সঁচা-মিছা, মিছা-সঁচা কথাৰে, পৰচর্চা-পৰনিন্দাৰ দৰে মুখৰোচক কথাৰে আমি ওচৰ-চুবুৰীয়া,  আত্মীয়-স্বজন আদিৰ সতে মানসিক জটিলতা গঢ়ি তোলো। আমাৰ মাজত অজানিতেই মনৰ ভালপোৱা কোমল পৰশ পোৱাৰ আগতেই এক দুৰ্ভেদ্য প্রাচীৰ গঢ়ি তোলো। আকৌ ব্যক্তিভেদে ৰুচি-অভিৰুচি, পছন্দ -অপছন্দ  চিন্তা-চৰ্চা বেলেগ বেলেগ হয়। ই এক স্বাভাৱিক আচৰণ। কিন্তু সকলোৰে লগত আমাৰ যে সকলো মিলিব তেনে কথা কেতিয়াও নহয়। সাজ-পোচাক, কতা-বতৰা কোৱাৰ ধৰণ, চলন-ফুৰণ সকলোতে ভিন্নতা থকাটো স্বাভাৱিক। এই ভিন্নতাবোৰ থকা বাবেই আমি ব্যক্তি এজনক তুচ্ছ -তাচ্ছিল্য, অশ্রদ্ধা কৰা বা বেয়া মনোভাৱ গঢ়ি তোলা অতি দোষনীয় কথা। আৰু এইবোৰেই ক্রমে ক্রমে ভালপোৱাৰ প্রতি প্ৰতিবন্ধকতা হৈ দেখা দিয়ে। 
       চিন্তা ভাৱনা কৰিব পৰা, মুখেৰে ভাৱ প্রকাশ কৰিব পৰাটো মানুহৰ ভগবান প্ৰদত্ত ক্ষমতা। এই বাক শক্তিৰ সংযমৰ প্রয়োজননীতা সকলোতকৈ গুৰুত্বপূৰ্ণ। আমি কাকো আঘাত নিদিয়াকৈ সু-চিন্তাৰে, সসন্মানে মান্যতা দিয়া উচিত সকলোকে। তেতিয়া ভালপোৱাৰ সম্পৰ্কটো সুদৃঢ়, স্থায়ী হৈ থাকে। নিজৰ ক্ষুদ্ৰ স্বার্থৰ বাবে নিয়ম-নীতিক ভৰিৰে মোহাৰি অন্যায়, অশোভনীয় আচৰণ কৰি আনৰ মনত বিৰক্তিবোধ জন্মোৱা মুঠেই উচিত নহয়। এইবোৰে ভালপোৱাত অলপ হলেও বাধাৰ সৃষ্টি কৰে। তুচ্ছ, হতাশাজনক মনোভাৱে ভালপোৱাকো সংকুচিত কৰিবলৈ বাধ্য কৰাই। সেয়ে আনৰ পৰা সততে ভালপোৱা লাভ কৰিবলৈ আমি ব্যক্তিজনৰ শ্ৰেষ্ঠ গুণবোৰলৈ চকু দিয়ক আৰু গৌণ দিশবোৰ এৰাই চলা উচিত। আশাবাদী চিন্তা,সন্মান কৰক, দেখুৱাক।ভালপোৱা জনৰ লগত চুক্তি, প্ৰত্যাশা, শপত, স্বাৰ্থ জড়িত নকৰি নিষ্কাম ভালপোৱা ৰাখক। ভালপোৱাৰ সম্বন্ধটো মধুৰ হ'ব। 
      ভালপোৱা হ'ল হৃদয়ৰ অনুভূতি, প্ৰয়োজনীয়তা,  কৰ্তব্যৰ সন্মিলিত ফল। ই এক ঠুনুকা,পৱিত্র হৃদয় বৃত্তি। এক সামান্য আঘাতত ই চূর্ণ-বিচূর্ণ হ'ব পাৰে। তাচ পাতৰ দৰে ভাঙি যাব পাৰে ভালপোৱা অনুভূতিবোৰ।যাৰবাবে ভালপোৱাৰ সংৰক্ষণ, ৰক্ষণাবেক্ষণ তথা পৰিপুষ্টিৰ প্ৰয়োজনীয়তা আছে। দাৰ্শনিক পণ্ডিত ডেল কার্নেগীয়ে ভালপোৱাৰ ফলপ্ৰসূ কৌশল, সংৰক্ষণ তথা পৰিপুষ্টিৰ বাবে দি যোৱা কথাবোৰ বাস্তৱ জীৱনত অতিকে প্ৰয়োজনীয়। এইবোৰক সাৰথি কৰি কর্মত আগুৱাই গ'লে নিশ্চিতভাৱে গঢ়ি তুলিব ঈর্ষা-অসূয়াহীন ,ৰোগ-শোকমুক্ত এক আনন্দময় পৃথিৱী।তেওঁৰ মতে আমি সততে আনক প্রশংসা কৰা উচিত। মানুহ এজনৰ পৰা শ্ৰেষ্ঠতম বস্তুটো আহৰণ কৰিবলৈ  মানুহজনক প্ৰশংসা, উৎসাহ দিয়া প্রয়োজন। সমালোচনাই মানুহৰ উচ্চাকাংক্ষাৰ ভীষণ ক্ষতি সাধে।গতিকে সমালোচনা এৰি উৎসাহিত কৰিলে, গুণৰাশিৰ প্ৰশংসা কৰিলে আনৰ প্রীতি ভালপোৱা সহজে লাভ কৰিব পাৰি। 
     পাবলিয়ান চাইৰাচে কৈছিল "আমি আনৰ প্রতি তেতিয়াই আগ্ৰহী হ‌ওঁ যেতিয়া অন্য মানুহ আমাৰ প্রতি আগ্ৰহী হৈ উঠে। " যদি আমি আনক মৰম ভালপোৱা, গুৰুত্ব, পচন্দ আদি বিচাৰো বা কৰো তেনেহ'লে ব্যক্তিজনৰ প্রতি আগ্রহী হোৱাটো সূচায়। এনে কৰিলে আনেও আমাক গুৰুত্ব, ভালপোৱা দিবলৈ কুণ্ঠাবোধ নকৰে। সেয়ে কেৱল নিজৰ কথা নাভাবি আনৰ বাবেও ভাবা বা সময় দিয়াটো প্রয়োজন। আলফ্ৰেড এডলাৰে কৈছিল "যি বিশেষ মানুহে আনৰ সম্পৰ্কে আগ্ৰহী হ'ব নোখোজে তেৱেঁই পৃথিৱীত জীৱন কটাবলৈ বেছি অসুবিধাৰ সন্মুখীন হয় আৰু আনকো আঘাত দিয়ে। মুঠতে যিকোনো সম্পৰ্ক গঢ়িবলৈ আমি সঁচা অন্তৰেৰে সম্পৰ্ক গঢ়াত আগ্ৰহী হব লাগিব। 
   আমাৰ সকলোৰে চৰিত্ৰ যে নিজৰ দোষ -ত্রুটি, বেয়াবোৰ আনক জাপি দিওঁ বা  দিবলৈ কুণ্ঠাবোধ নকৰো। আনক সমালোচনা, নিন্দা, অভিযোগ কৰিবলৈ সহজ। কিন্তু বুজিবলৈ হ'লে ক্ষমাৰ দৰে মহান গুণৰ অধিকাৰী হ'বলৈ প্রয়োজন চাৰিত্ৰিক দৃঢ়তা, আত্মসংযম। সেয়ে আনৰ প্রতি সহানুভূতি ,সমমর্মিতা দেখুৱাই  প্রেম ভালপোৱা প্রাপ্তিৰ সোণালী পথ নিৰ্মাণ কৰিব লাগে। 
        আনৰ কথা ধৈৰ্য সহকাৰে শুনিব পৰাটো এটা সৎ গুণ। এই গুণটোৱে বক্তা এজনক তৃপ্ত কৰাই আৰু শ্রোতাজনে বক্তাজনৰ বিশ্বাসযোগ্যতা অর্জন কৰি প্রিয়প্রাত্র হ'ব পাৰে, মৰম ভালপোৱা আদায় কৰিব পাৰি। অর্থাৎ ভাল শ্রোতা সহজে আনৰ প্রিয়পাত্র হয়। আনৰ হৃদয় জয় কৰা আনক এক মহৌষধ হ'ল হাঁহি। হাঁহি ক্লান্তজনৰ বাবে বিশ্ৰাম, হতাশাগ্রস্তজনৰ বাবে আশাৰ বতৰা, দুখ-কষ্ট দূৰীকৰণৰ ঔষধ। ই উৎসাহ,  উদ্দীপনা ও সূচায়। সেয়ে আমি আমাৰ মুখত সদায় এক সজীৱ, নিভাঁজ হাঁহি ওলমাই ৰাখিব লাগে। 
     আমি কাকো পোনপতীয়াকৈ হুকুম বা আদেশ কৰা উচিত নহয়। এই স্বভাৱে আনৰ ওচৰত অপ্ৰিয় হোৱাৰ লগতে উচ্চগুণসম্পন্ন কাম কৰাত ব্যর্থ হ‌ওঁ। পোনপতীয়াকৈ নকৈ আমি 'এবাৰ ভাবি চাওঁক, এনকৈ কৰিলে কেনে হয় ' আদি প্রয়োগ কৰিলে শ্ৰদ্ধা ভক্তি, মৰম ভালপোৱা সততে পাব পাৰি। আনৰ প্রতি সহানুভূতি, সমবেদনা, সমমর্মিতা, প্রকাশে আমাৰ সম্পৰ্কবোৰ মধুৰ কৰে। ভালপোৱা লাভ কৰাত সহজ হয়। সেয়ে সততে এইবোৰ প্রদর্শন কৰা উচিত। 
        আনৰ পছন্দ, মতামতত শ্রদ্ধা কৰা উচিত। ব্যক্তি এজনৰ ৰুচি, অভিৰুচি, পছন্দ গুৰুত্ব দি এই বিষয়ে কথা বতৰা পাতিলে ,আগ্র প্রকাশ কৰিলে হৃদয় ৰাজ্যত সহজে সোমাব পাৰি। আনৰ মতামত ভুল-শুদ্ধ যিয়েই হ‌ওক শ্ৰদ্ধা জনোৱাতো আমাৰ কৰ্তব্য। নিজৰটো শুদ্ধ  আনৰবোৰ ভুল এনে প্ৰতিপন্ন কৰিবলৈ নগৈ নিজৰ ভুল হ'ব পাৰে এনে কথা স্বীকাৰ কৰিলে মৰম ভালপোৱা তথা সৌদাহ্য অটুট থাকে। 
     ব্যক্তি এজনৰ নাম মনত ৰাখিলে আৰু প্রিয় নামটোৰে মাতিলে সহজে আত্মীয়তা গঢ়ি উঠে। সেয়ে কাৰোবাৰ লগত চিনাকি হ‌ওঁতে নামটো সজতনে মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে। 
সকলো ব্যক্তিয়েই কিবা নহয় কিবা দিশত শ্ৰেষ্ঠ হয় বা শ্ৰেষ্ঠত্ব দেখুৱাব বিচাৰে। সেয়ে সকলো সময়তে, পৰিবেশতে আন ব্যক্তিক শ্ৰেষ্ঠত্ব অনুভৱ কৰিবলৈ সুবিধা দিব লাগে। ই ব্যক্তিজনৰ লগত আপোনাৰ মৰম ভালপোৱা আদায় কৰাত সাঁকোৰ দৰে কাম কৰিব। শেষত নর্মেন ভিনচেণ্ট পীলৰ কথাৰে সামৰো "প্রত্যেকজন মানুহৰে নিজৰ সম্পৰ্কে এটা ভাল ধাৰণা, আত্মসন্মান আৰু গুৰুত্ববোধ থাকে। সেই মানুহজনৰ সেই ধাৰণাত এবাৰ আঘাত কৰি চাওক, তেওঁক আপুনি চিৰদিনৰ বাবে হেৰুৱাব। সেয়ে যেতিয়াই কোনোবা ব্যক্তিৰ প্রতি সশ্ৰদ্ধ ভালপোৱাৰ ভাৱ প্রদর্শন কৰিব মনত ৰাখিব তেৱোঁ আপোনাৰ প্রতি তেনে মনোভাৱই প্রদর্শন কৰাৰ চেষ্টা কৰিব।


পৃষ্ঠা ৮
বিশেষ গল্পঃ

ব বৰ্ণ বিশেষ গল্প

বাসন্তীৰ বিলৈ

      বৰতলাৰ বাসিন্দা বৰগঞা বদন বকুল বৰুৱাৰ বৰজী বাসন্তী বৰুৱা । বন- বাৰীত বিচক্ষণ বাসন্তী বোৱা- বঢ়াতো বৰ বিদূষী । বগচা বননিত বাৰীৰ বাওঁফালে বাসন্তীয়ে বকুল, বেলিফুল, বকফুলৰ বাগিচা বনাইছে । বকুলী, বিবসনা, ববিতা, বিজুলীহঁত বাসন্তীৰ বাল্যকালৰে বান্ধৱী । বকুলীহঁতে বোৱাৰী বেশেৰে বৰতলা- বাসন্তীক বিদায় বুলিলে । বৰ্তমান বাসন্তীৰ বান্ধৱী বুলিবলৈ বৰদেউতাকৰ বৰপুত্ৰৰ বৰ বোৱাৰী বৰষা বৰঠাকুৰ বৰুৱা ( বাসন্তীৰ বৌ ) । বাসন্তীয়ে বেছিভাগ বাগিচাখনতেই বিয়লিবেলা বহে । বন- বিৰিখৰ বাৰ্তা বুটলি বিয়াল্লিশ বছৰীয়া বয়সৰ বাসন্তী ।  বছৰ বাগৰি বাসন্তীৰ বয়স বিয়াল্লিশো বাগৰিল । বাসন্তীৰ বাবে বৰ বিচাৰি বিচাৰি বাসন্তীৰ বংশধৰ, বৰতলাৰ বাসিন্দা, বন্ধু-বান্ধৱ বিফল ।

       বাসন্তী বাৰ বছৰ বয়সত বোবা । বাসন্তীৰ বয়স বাৰমাহতেই বাপেক বিপত্লীক । বিধিৰ বিধান বুলি বাপেকে বৰ বেথাৰে বাসন্তীক বাৰবছৰীয়া বনালে । বাপেকৰ বুকুৰেফাল বাসন্তীয়ে বাৰ বছৰতেই বাপেকহীনা । বৃক্ক বিকল বেমাৰেৰে বাসন্তীৰ বাপেকৰ বিয়োগৰ বিৱৰণ বৰ বেদনাদায়ক । বাৰ বছৰীয়া বাসন্তীৰ বুকুত বাপেকৰ বিয়োগৰ বাৰ্তাই বৰ বেয়াকৈ বিন্ধিছিল । বিনাশকৰ্তাৰ বিছনাত বিমূৰ্তে বগা বেশেৰে বাগৰা বাপেকৰ বাঁউসীত বুকু বেঢ়ি বিৰহ- বেদনাত বিকটভাৱে বিনালে বাসন্তীয়ে । বাসন্তীৰ বিকট বজ্ৰস্বৰূপ বাক্- বিৰহে বাসন্তীক বাকৰুদ্ধ বনালে । বাপেকৰ বিয়োগৰ বাতৰিয়ে বাসন্তীৰ বাকপটুতাতো বোৱালে বিনাশী বিদ্যুত ।

      বৰদেউতাক- বৰমাকৰ বুকুৰাপোন বাসন্তীৰ বিনম্ৰভাৱ, বন- বাৰীৰ বিচক্ষণতাই বহুতকে ব্যাকুলতাৰ  বুৰ- বুৰণিত বুৰায়, বুৰালেও বাসন্তীক বোৱাৰী বুলিবলৈ বৰঘৰহে বিৰল ।  বিয়াৰ বাবে বৰ বিচাৰি বিচাৰি বিলাই- বিপত্তিয়ে বেঢ়িছে । বোবা বাসন্তীৰ বাবে বৰ বিচাৰি বাৰে বাৰে বিফল । বিশত(২০২০ ত) বসন্ত বুলি বাসন্তীৰ বৰমাকে বকোৰ বৰ বিচাৰিলে । বসন্তৰ বয়স বাৱন বছৰ । বসন্ত ব্যৱসায়ী । বাৰীৰ বস্তু বেচিয়ে ব্যৱসায় বসন্তৰ । বাসন্তী বোবা বুলি বসন্ত বেদনাবিহীন । বসন্তই বোলে বাসন্তী বন- বাৰীতো বখানিবলগীয়া ।

      বাৱন বছৰীয়া বসন্তইও বিপত্নীক বাপেকৰ বিয়োগৰ বিগত বছৰত বিয়াৰ বাবে ববিতা বুলি বনিতা- বোৱাৰী বিচৰাত বিফলহীন । বিদূষী- বুদ্ধিমতী ববিতাই বাপেকৰ বচনৰ বাবেহে বিয়াত বহিব বুলি বুজি  বসন্তই বেআইনীৰ বিৰতত বিয়াৰ বাবে বিতৃষ্ণা বোৱালে । ববিতাৰ বিদ্যালাভৰ ব্যৱস্থাত বাপেক বিৰক্ত বুলি বুজি বসন্তইহে ববিতাক বিদ্যাশিক্ষাৰ ব্যৱস্থা বিস্ৰজিলে । ববিতা বসন্তৰ বৈবাহিক বাটৰ বাহিৰত বাবে বান্ধবী বুলিয়েই বছৰো বাগৰিল  । বছৰ বাগৰি বসন্ত বৰ্তমান বাৱন বছৰীয়া, ব্যতিৰেকে ববিতা বিদেশৰ বৰ বিজয়ৰ বনিতা ।

       ব্যৱসায়ী বসন্তৰে বনিতা বাসন্তীৰ বান্ধোন বৰ বিনন্দীয়া । বিশৰ(২০২০ৰ) বাৰ ব’হাগ বুধবাৰে বসন্ত-বাসন্তীৰ বিবাহৰ বাৰ বন্দৱস্ত । বোবা বাসন্তী বৰ বিনয়ী । বোবাৰ বাহিৰে বাসন্তীৰ বেয়াদোষ বুলিবলৈ বিয়োগাত্মক । বাসন্তীৰ বিনয়ীভাৱে বসন্তৰো বিয়াৰ বাবে ব্যগ্ৰতা বঢ়ালে । বসন্ত- বাসন্তীৰ বাসভৱনত ব’হাগৰ বৰষুণে বেমেজালি বিহিব বুলি বিৰাট বিতাপৰো বিধি বিৰছিলে । বাপেকৰ বিয়োগৰ বেদনা বৰদেউতাকৰ ব্যতিৰেকে বসন্তৰ বুকুত বিচাৰি বিফলহীনা বুলি বিশ্বাস বাসন্তীৰ ।

      বিচাৰ- বিবেচনাৰ বিপৰীতে বিয়াৰ ব্যস্ততাত বিঘিনি বিহি বিনা বৰষুণে বিজুলী বৰষিলে । বিশত(২০২০) বাইৰাছ (corona virus) বিয়পি বিশ্বতেই বৰ বিহ বোৱাই বসন্ত-বাসন্তীৰ বিয়াত বিঘিনি বিয়পালে । বাৰম্বাৰ বাসন্তীৰ বিয়াত বিপদেই বিপদ । বসন্তৰ বুকুৰে বহনা বাসন্তীয়ে বিনন্দীয়া বেঙুনীয়া বুটা বচা বস্ত্ৰেৰে ব’হাগত বিয়াত বহিবলৈ বাসনাত বুৰিছিল । বসন্তইও বাসন্তীক বোৱাৰী বনাবলৈ বৰ ব্যাকুলতাৰে ব’হাগলৈ বাট বুলিছিল । বিপৰীতে বাটত বাইৰাছে বিপৰ্য্যয়হে বিলাই বাসগৃহতেই বন্দীহে বনালে । বাকৰুদ্ধ বাসন্তীক বসন্তই বুকুতেই বেঢ়ি বাইৰাছ বিয়পা বেয়াদিনবোৰ বন্দীত্বৰ বাহিৰে বিকল্পহীন । বাসন্তীকো বিষাদে বৰকৈ বগৰাইছে । বাসন্তীৰ বিয়াৰ বেলিকা বিলাই-বিপত্তিৰ বিৰাট বাহাদুৰী ।  

      বেমাৰৰ বিলক্ষণৰ বিৰতিত ব্ৰাহ্মণৰ বাধাৰ বিপৰীতে বাক্- বিতণ্ডাৰে বাসন্তীৰ বৰদেউতাকে  বসন্ত- বাসন্তীৰ বিবাহৰ বাৰ বিচাৰিলে বিশেষ বৃহস্পতি বাৰত । বিবিধতাৰে বৰযাত্ৰী বৰিবলৈ বাসন্তীৰ বংশধৰ ব্যস্ত । বৰযাত্ৰীৰ বাবে বিধে বিধে ব্যঞ্জনৰ ব্যৱস্থা ।

      বিয়াৰাতি বাৰ বজাত বৰ বৰিবলৈ ব্যাপকভাৱে ব্যস্ত বাসন্তীৰ বংশৰ ব্যক্তিসকল- বাসিন্দাসকলো । বৰযাত্ৰীৰ বিলম্বতাত বাসন্তীৰ বংশধৰ- বাসিন্দাৰ ব্যাকুলতা- ব্যগ্ৰতা বাঢ়িল । বগাপাতৰ বস্ত্ৰেৰে বাসন্তীৰ বুকুতো বসন্তৰ ব্যাকুলতাত বৰদৈচিলা বলিছে । বাসন্তীৰ বৰদেউতাকলৈ বাৰ্তা বোৱাই বিতোপনে বিনাই বিনাই বিশ্লেষিলে- “বৰযাত্ৰীৰ বাছ বৰলুইতত বাগৰিল । বসন্ত বৈতৰণীত বুৰিল ।” বিয়াৰাতিয়ে বাসন্তীৰ বাসনাত বৈধব্য বৰষিলে । বাসন্তীৰ বুকুত বৰদৈচিলাই বিধ্বংশী বা বোৱালে ।

সাগৰিকা গোস্বামী
নাথকুচি, টিহু, নলবাৰী
8761824730,8403931090.


পৃষ্ঠা ৯
ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন

দুৰ্গেশ্বৰ শইকীয়া
মাজুলী, ভ্ৰাম্যঃ 9678248767

যোৱা সংখ্যাৰ পিছৰ পৰা

(পোন্ধৰ)

        মোহনে যে বহু পৰলৈকে স্বপ্নাৰ সমাধিৰ নাতি দূৰত প্ৰস্তৰ খণ্ডৰ দৰে দণ্ডয়মান হৈ থাকিল কোনেও লক্ষ্য নকৰিলে । তাৰ অকলশৰীয়া জীৱনটোৰ গুৰি বʼঠা ধৰিবলৈ আগবাঢ়ি অহা এই দূৰন্ত অভিমাননী ছোৱালী জনী কিয় এনেকৈ গুচি গল বাৰু ? কʼত হেৰাই গʼল নিমিষতে তাইৰ দূৰন্ত জেদবোৰ ? তাৰ প্ৰতি থকা অকৃত্ৰিম মৰমৰ বেগৱতী সোঁত ??
        কিমান সময় সি তাতে থিয় দি থাকিল নিজেও ক'ব নোৱাৰিলে । ৰাতি হোৱাত এখোজ দুখোজকৈ সি ঘৰলৈ আহিল । ৰাতি দুপৰলৈকে আন্ধাৰৰ মাজৰ পিৰালিতে বহি শোকৰ অন্তহীন সাগৰত ভাহি থাকিল । বাৰে বাৰে যেন পাৰ্থিৱ স্বপ্নাজনীৰ অৱয়বটোৱে জীৱন্ত ৰূপত তাৰ সমুখত অগাদেৱা কৰিলেহি ।
          নাই । তাৰ শেষ আশাৰ বন্তি গছিও কাল ধুমুহাই নিষ্ঠুৰ হাতেৰে নিৰ্বাপিত কৰি দিলেহি । কি লৈ বা জীয়াই থাকিব সি ? কৰিবই বা কি জীয়াই থাকি ? কবিতাৰ স্তৱকবোৰ মচ খাই গ'ল অন্তৰৰ পৰা । পৰি ৰল জীৱনৰ উকা কাকত খিলা মাত্ৰ । শোকৰ অতিশয্যাত সি এটা কঠোৰ সিন্ধান্ত লৈ পেলালে । নাই নাথাকে সিও জীয়াই ধুমুহাই ভাঙি যোৱা শূণ্য কাৰেং সামৰি । সিও যাবগৈ তাইৰ লগতে । সিও চিৰকাললৈ শুই থাকিব তাইৰ সমাধিৰ কাষতে ।
        কেতিয়াযে ৰাতিপুৱাল সি গমকে নাপালে । ৰজনী বিদূৰত পুৱতিৰ সূৰুযে পূব আকাশত ভুমুকি মাৰিলে ।
 
(আগলৈ...)


পৃষ্ঠা ১০

অভিশ্ৰুতি

চয়নিকা বৰুৱা
যোৰহাট, ভ্ৰাম্য ঃ 9706269100


খণ্ড ১১

•দাদা তই কিয় এনেকুৱা?

•কিয়?মই কি কৰিলো?

•ঘপককে আহি এনেকে কয় নি....I LOVE YOU বুলিনো কান্দি কান্দি কয় নে বুলি?

•আৰু কি বুলি ক'ব লাগিছিল নো মই?সচা কথাতো হে কৈছো

•যিয়েই নহওক।

•আস..সা...তোমালোকে সৰু ল'ৰা-ছোৱালীৰ দৰে কিয় কাজিয়া কৰিছা?

•চোৱাচোন মা...দাদায়ে কি কৈছে...তেনেকে জোকাই নি?

•কি ক'লে নো?

•কৈছে...I LOVE YOU বুলিনো কান্দি কান্দি কয় নে.....হুহ

•কোনে কাক ক'লে নো?

•অভিয়ে....মোক...

•আ....কি...

•নাই একো নাই....মই যাও।
(এই বুলি কৈ মই দৌৰি আহি দেউতাৰ কাষ পালোহি...একদম নিলাজ দেই মই...মাক নো মই কৈ দিব লাগে নে তেনেকে...চব দাদাৰ কাৰণে হৈছে...ৰহ ইয়াক মই..)

•কি হ'ল মইনা?

•নাই দেউতা একো নাই...

•পিছে আমাৰ ল'ৰাটি কেনি গ'ল?

•এইয়া মহাদেউ.....

•অহ্....আহা আহা..মোৰ কাষতে বহা ।

•মইনা আমি তামোল-পাণ পেলাবলৈ দিন থিক কৰো তেন্তে আৰু ন?

•মইনো কি ক'ম দেউতা...তোমালোকে যি ভাল দেখা তাকে কৰা....
(এই বুলি কৈ মই লাজতে শুৱাৰুম পালোহি...ভন্টিও পাছে পাছে আহিল...আহিয়ে মোক ক'বলৈ ধৰিলে..তাই মোৰ বিয়াত কি কি কৰিব.কি কি পিন্ধিব...যেন তাইৰ হে বিয়া....ওফ্....এইৰ কথা শুনিবলে মানুহৰ বহুত ধৈৰ্য্য লাগিব...মানুহৰ কথা শুনি আমনি লাগি যাব..কিন্তু তাইৰ হ'লে কথা কৈ শেষ নহ'ব...)

•আইজো চাও এইফালে আহাচোন..আৰু বা কো মাতি দিয়াচোন।

•oky...sweetheart...অই...ব'ল ব'ল...মায়ে মাতিছে।

(তাইৰ লগত আকৌ ড্ৰয়িং ৰুমলৈ ওলাই গ'লো..সকলোৱে ভালদৰে কথা পাতি...
তামোল-পাণ পেলাবলৈ দিন এটা থিক কৰিলে..মানে অহা..বৃহস্পতি বাৰে।মাজত মাথো দুদিন...কথাতো গম পাই মোৰ ভয় ভয় লাগিল।সকলোৱে ভালদৰে কথাবোৰ পাতি যাবলৈ ওলাল..তেওঁ মোক ইংগিতত কৈ আছে মোবাইলতো চাবলে....মইয়ো ভিতৰলৈ গৈ চালো..এটা মেচেজ....তাত লিখা আছে...miss Srutishna....বহুত সোনকালেই...Srutishna kashyap হ'বলৈ সাজু হোৱা...ৰাতি মেচেজ কৰিম...oky..bye.....
.....আস...মেচেজতো পঢ়ি মোৰ হিয়াখনে আকৌ শব্দ কৰিবলৈ ল'লে....
...ধক্....ধক্....ধক্....ধক্....)

•মাজনী মই গাতো ধুই আহো গোঁসাই চাকি দিব হ'ল...তুমি আইতাক ভিতৰলৈ লৈ যোৱাচোন।

(মাৰ মাতষাৰত উচপ্ খালো....আইতাক গোঁসাইঘৰলৈকে লৈ আহিলো।আমিবোৰেও মুখ-হাত ধুই গোঁসাইঘৰলৈ আহিলো।মা আহিয়েই গোঁসাই চাকি দিলে..আৰু প্ৰাৰ্থনা এটি জোৰিলে... আমিও মাৰ লগত সহযোগ কৰিলো।তাৰ পাছত মই ঘৰৰ সকলোলৈকে চাহৰ যোগাৰ কৰিলো...দেউতাক যেতিয়া চাহ যাচিলো..তেওঁ উচুপি উঠিল...আৰু ক'লে.....আৰু কিমান দিন মইনাৰ হাতৰ চাহ খাবলৈ পাম থিক নাই....দেউতাৰ উচুপনি দেখি মোৰ বাদে ঘৰৰ সকলোৱে হাঁহিছে......)

•আপুনি এনেকৈ কিয় কান্দিছে হয়?মাজনীক আমি কাইলৈকে উলিয়াই নিদো নহয়...আপুনি কিয় ইমান উচুপি আছে হয়?

[ আপোনালোকে চাগে ভাবিছে দেউতাৰ কথা...যে এনেকেনো উচুপি উঠে নে..আৰু আমাৰ মাৰ কথাও চাগে ভাবিছে..দেউতাক বুজোৱা দেখি।হুহু...হুহু...সাধাৰণতে অন্যৰ ঘৰত মাকগৰাকী বেছি  EMOTIONAL হয়।নিজৰ জীয়েকৰ বিয়াৰ কথা ভাবিয়ে কান্দিবলৈ আৰম্ভ কৰি দিয়ে...আৰু দেউতাকে মাকক বুজাই...কান্দিবলৈ মানা কৰে। কিন্তু....হুহু...হুহু...কিন্তু আমাৰ ঘৰৰ কথাতো অলপ বেলেগ ধৰণৰ।আমাৰ ঘৰত আকৌ মাত কৈ আমাৰ দেউতাহে EMOTIONAL....আৰে Emotional মানে বেছিয়েই Emotional.... হুহু...হাঁহিও উঠে...কিন্তু দেউতাৰ মোৰ প্ৰতি মৰম আগৰ পৰাই বেছি।সেয়েহে মোৰ সৰু সৰু কথাবোৰ ভাবিয়েই উচুপি উঠে।...পিছে মই যে মাজে মাজে কাহিনীটোৰ পৰা বাহিৰলৈ ওলাই আহি আপোনালোকৰ সৈতে এনেদৰে কথা পাতো...আপোনালোকে বেয়া পায় নি বাৰু??বেয়া পালে মোক কিন্তু জনাব দেই।বাৰু এতিয়া আমাৰ কথা ইমানতে সামৰি পুনৰ কাহিনীলৈ উভতি যাও নে কি কয় আপোনালোকে....?? ]

•অই ল'ৰা মই হে কান্দিব লাগিছিল..মোৰ আইমানুজনীক বিয়া দিব হ'লেই বুলি...কিন্তু মই কৰবাতে থাকিলো..ঔ...তই মোতকে একোব চৰাহে....ওহ ওহ লাজ হে লাগিছে দেই..চাও তোৰ কিমান চকুপানী বৈচে..চাও....

(হাহা...হাহা..আইতাৰ কথাশুনি দেউতাইও হাঁহিবলৈ বাধ্য হ'ল....আইতাজনী মোৰ...বৰ মৰম লাগে...আইতা ঘৰত নাথাকিলে ঘৰখন বৰ উকা উকা লাগে..।সকলোৱে এনেদৰে হাঁহি ধেমালি কৰি থাকোতে কেতিয়ানো ৰাতি ৮ টা বাজিলে কোনেও গমেই নাপালো।আজি সৰু মাহী আমাৰ ঘৰতে থাকিলে।ডাঙৰ মাহী গ'লগৈ...মহাৰ গাতো অলপ বেয়া।জেঠাইকো ইমান ৰখালো..আজি থাকক থাকক বুলি...নাই নামানিলে...জেঠাইৰ হেনু কিবা Important কাম আছে..সেই কাৰণে নাথাকিল।পাছত আহিব হেনু।আইতা..দেউতাই... T.V চাই আছে।ভন্টি পঢ়াত ব্যস্ত...দাদা দোকানলৈ গ'ল..মাংস খায় হেনু..তাকে আনিবলৈ বুলি ওলাই গ'ল।মই..মা..আৰু মাহীয়ে পাকঘৰলৈ আহি ভাতৰ যোগাৰ কৰিলোহি...ৰাতি ১০ মান বাজিল ভাত হওঁতে হওঁতে...ভাতকেইটা খায়...আমি শুবলৈ আহিলো।আজি মই অকলেই শুম...গতিকে বিচনাৰ কাষৰ খিৰিকিখন খুলি দিলো।আঠুৱাটো তৰি লৈ বিচনাত উঠিয়েই মনত পৰিল..তেওঁৰ কথা...তেওঁ যে আজি ৰাতি মেচেজ দিম কৈছিল..সেই কথাও মনত পৰিল।লৰালৰিকৈ মোবাইলতো চালো আৰু মই ভবাটোয়েই হ'ল...২টা মেচেজ..৪টা মিচকল..।জীয়টো ধিপ ধিপ কৰি আছে..কৰো নকৰোকৈ Hi বুলি মেচেজ এটা দিলো..লগালগ......ক্ৰিং...ক্ৰিং কৈ মোবাইলতো বাজিল..চকুদুটা মুদি লৈ উশাসটো দীঘলকৈ টানি ফোনতো ৰিচিভ কৰিছিলো হে.....)

•ইমান দেৰি কি কৰি আছিলা Miss...

আগলৈ.....


পৃষ্ঠা ১১

এই বাটেদি ৰাধা যমুনালৈ যায়

শিৱানী বৰা, গুৱাহাটী 
দূৰভাষ-৭০০২৫৬৪৮৪৪

এক  


"শৰৎ কালৰ ৰাতি অতি বিতোপন
ৰাস ক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈলা মন.."

             আজি ৰাস পূৰ্ণিমা। আঁতৰৰ পৰা ভাঁহি আহিছে মধুৰ সংগীতৰ লহৰ। মহাৰাসৰ বাঁহীৰ সুৰত বুকুৰ ভিতৰত শুই থকা ৰাধাজনী বাউলী হৈ পৰিব খুজিছে। এই যেন যমুনাৰ তীঁৰত উন্মনা হৈ বাঁহীৰ সুৰত নৃত্য কৰিবগৈ!!

শৰৎ সন্ধিয়া বৰ মায়ালগা। হৃদয়ৰ গোপন কক্ষত হেঁচি হেঁচি ভৰাই থোৱা আবেগবোৰে সাৰ পাব খোজে । জোনাকত জিলিকি ৰোৱা শেৱালিৰ সুবাসৰ ৰাগীয়ে মনটো অস্থিৰ কৰি তুলিব খোজে বাৰে বাৰে। 

বাঁহীৰ সুৰটোৱে প্ৰতিবাৰেই বুকুখন কঁপাই তুলিছে মানুহজনীৰ। সিৰা প্ৰতিসিৰাই কাহানিও অনুভৱ নোহোৱা সুৰ এটা বাজি উঠিব খুজিছে । খেৰৰ জুমুঠিৰে একেখন কাঁহীকে ফুটছাই ঘঁহি ঘঁহি মানুহজনীৰ মনটো যমুনাৰ তীঁৰলৈ উৰি যাব খুজিছে। 

কোন এই মানুহজনী???
ৰাধা নে মীৰা??

কিন্তু  মানুহজনীৰ নাম কি কোনেও নাজানে । এতিয়া সকলোৱে ডাঙৰ নবৌ বুলিয়েই মাতে। হয়তো এসময়ত এই মানুহজনীৰো এটা ধুনীয়া নাম আছিল। ঠিক তেওঁৰ  কেঁচা সোণবৰণীয়া মুখখনিৰ দৰেই। 

কিমান বয়স হ'ব বাৰু মানুহজনীৰ ? পঞ্চাশ নহ'লে বাৱন্ন বছৰ মানেই হ'ব চাগৈ। দেখাত দেখোন তেনেকুৱা যেনেই লাগে। 

কিন্তু নহয়। এয়া ভুল ধাৰণা। 

মানুহজনীয়ে অহা বছৰ এনেকুৱা দিনতে দুকুৰিত ভৰি থ'ব। ফুটছাই ঘঁহি ঘঁহি এই কথাই মনতে এবাৰ গমি চাই মানুহজনীয়ে। 

এই বয়সত মন ৰিঙা ৰিঙা হৈ উঠিব পাৰে জানোঁ?
মানুহজনী ৰাধা হৈ উঠিব পাৰেনে??
নে মীৰাৰ দৰে ভক্তি ৰসেহে শোভা পাই এই বয়সত??

ভৰিত খহতা বিজলুৱা কিবা এটাই চুই গ'ল। উচাপ খাই থিয় হৈ দিলে মানুহজনী। 

: ঐ জহনী মৰা, মানুহ মাৰি দিবি তই। চেই সিফালে ভাত দিছোঁ খাগৈ যা। 

        পোহনীয়া কুকুৰ কালুক মৃদু গালি এটা দি মেখেলাখন একাষে কঁকালত গুজি আকৌ বহি এইবাৰ কাঁহী বাতি মাজিবলৈ ধৰে। এইবাৰ কিন্তু খৰকৈ ঘঁহে।

তেনেতে আঁতৰৰ পৰা ভাঁহি আহে-

         "কেলি কৰে বিৰিন্দাবনে মোহন গোপাল।
       খেলে-সংগে, ৰঙ্গে-ধঙ্গে ব্ৰজেৰ চৱাল ......."

এইবাৰ কিন্তু আচৰিত ধৰণেৰে মানুহজনীৰ কৰ্ণ কুহৰত প্ৰৱেশ নকৰে এই গীত। হৃদয়খনো আলোড়িত হৈ নুঠে। ল'ৰালৰিকৈ কাঁহী-বাতিকেইটা ধুই মানুহজনী ভিতৰলৈ আহে। 

(আগলৈ)


পৃষ্ঠা ১২

অণুগল্পঃ

সহোদৰ

         সাধাৰণ কথা এটাৰ পৰাই কাজিয়া খন আৰম্ভ  হৈছিল। আচলতে তুঁহ জুই একুৰা যেন বহুদিনৰ আগৰপৰাই উমি উমি জ্বলি আছিল। প্ৰথমে দুয়োৰে মাজত মাত বোল বন্ধ হ'ল।তাৰ পিছত দুপৰীয়া গধুলিৰ সাজ একেলগে নেখাই নিজৰ নিজৰ কোঠালিলৈ নি পৃথকে পৃথকে খাবলৈ ল'লে।দুদিনমানৰ পিছত একেখন ঘৰতে চৰু দুটা হ'ল আৰু এসময়ত সাতামপুৰুষীয়া চোতালখনৰ মাজেৰে গঢ়ি দিয়া হ'ল এখন প্ৰকাণ্ড কংক্ৰিটৰ দেৱাল।
        ৰংমনে নতুনকৈ কিনি অনা গাড়ীখনৰ শব্দ ককায়েক বাখৰে ঠিকেই শুনিছিল।কিন্ত্ত চাবলৈ বাধা দি ৰাখিছিল পকী দেৱালখনে।
     গাড়ীখন চলাবৰ মন কৰি ৰংমনে পদুলিলৈ আনিছিলহে মাথোন, অপৈণত হাতেৰে ষ্টিয়েৰিং কণ্ট্ৰল কৰিব নোৱাৰিলে।বিকট শব্দেৰে গাড়ীখন পথচ্যুত হৈ গছ এডালত খুন্দা মৰা দৃশ্য চোতালতে কাম কৰি থকা বাখৰৰ চকুত পৰিল।পকী দেৱালখনে কিন্ত্ত এইবাৰ তাক ধৰি ৰাখিব নোৱাৰিলে। প্ৰাণপনে চেষ্টা কৰি গ্লাচেৰে কটা ৰাঙলী হাত দুখনেৰেই অৰ্ধমৃত অৱস্থাত থকা ৰংমনক বাহিৰলৈ উলিয়াই আনি ততাতৈয়াকৈ হস্পিটেললৈ যাত্ৰা কৰিলে।

বৰ্ণালী মজুমদাৰ
কামপুৰ, নগাঁও
যোগাযোগঃ 8486641878

হেমকাই

হেমকাইক বিচাৰি পালে , গায়ন গাওঁ ৰেলষ্টেচনৰ কাষত ৷ সিদিনা ৰাতিৰ কথা তেতিয়াহে মনলৈ আহিল ৷ ভাওনাৰ বৰ আখৰা কৰি উভতি আহি আছিলো  ৷ সময় ঠিক এঘাৰ বাজিছিল ৷ ফাগুনৰ নিশাৰ উৰুঙা , ফিৰফিৰীয়া বতাহজাকে কোবাই গৈছিল ৷ আমলখি তলৰ বাঁহৰ বেঞ্চখনত কোনোবা এজন চুৰীয়া পিন্ধা মানুহ  বহি আছিল তেতিয়াও ৷ “পাৱে পৰিহৰি কৰোহো কাতৰি , প্ৰাণ ৰাখবি মোৰ _ _ ” বাঘে দেৱা দৰিকা দলংখন পাৰ হৈ আহিছিলোঁ যদিও কোনোবা এজন সেমেকা ফাগুনৰ নিশা তেনেকৈ বহি থকা দেখি মুহূৰ্তৰ বাবে ভয় এটাও লাগিছিল ৷ সেয়ে আওৰাই লৈছিলো বৰগীত এফাকি ৷ কাষ পাই দেখিলো হেমকাই বহি আছিল ৷ অজলা হেম কাই ! 
      কালি গাঁৱৰ মানুহবোৰে হেম কাইৰ বিয়া পাতিছিল ৷ কোনো পৰিজন নোহোৱা হেম কাই ৰমা মহৰীৰ ঘৰৰ লাচনিপাঁচনি হৈ থকা মোৰ জন্মৰ দুটা দশকৰে পৰা দেখি আহিছো ৷ বিয়াখনক লৈ হেমকাইৰ মনত ভিতৰি ভিতৰি বৰ ফূৰ্তি এটা আছিল ৷ যথা সময়ত কইনা আনিবলৈ হেমকাই বৰযাত্ৰী হৈ গৈছিলে কাষৰে গাওঁখনলৈ ৷ পিছে কইনা আহি বেছি সময় হেমকাইৰ সতে নাথাকিল , কাৰণ কইনা আছিল সিখন গাৱঁৰে মহীধৰ দাইটি ৷ চাদৰ- মেখেলা পিন্ধাই কইনা সজাই আনি আটোলটোল বিয়াৰ আয়োজনেৰে মানুহবোৰে ইমান ফূৰ্তি কৰিলে !
      হেমকাইৰ অজলা মনটোত ফূৰ্তি নালাগিল হ’ব পায় ৷ বেঞ্চখনত তেনেকে দেখা পায় ভাৱ হ’ল ! এৰা ! হেম কায়ে সঁচাই ফূৰ্তি নাপালে ,  “ঘৰলৈ যাওঁকগৈ হেমকাই ” বুলি কোৱাৰ বাহিৰে তেখেতৰ মনৰ ভাওনাখনৰ একো উমানো লোৱা নহ’ল ৷ বহুদেৰিলৈ মোৰ বুকুৰ অলিন্দতহে কিবা যন্ত্ৰণা এটা ৰৈ ৰৈ বাঢ়ি থাকিল ৷

নিলাঞ্জন মহন্ত,
ডিব্ৰুগড়


পৃষ্ঠা ১৩
এক মিনিটৰ গল্পঃ

সম্পৰ্ক

  " চুলিখিনি এনেকৈ বান্ধি থাকিবা।ভাল দেখিব তোমাক।কি যে বেণী গুঠি থাকা।টিপিকেল আচামিছ গাৰ্ল যেন লাগে ।" মৃত্তিকে একপ্ৰকাৰ অসন্তুষ্টি সুৰত প্ৰেয়সী বিদিশাক কয়

   "থিক আছে।কালিৰ পৰা তেনেকৈ ওপৰলৈ নি একোচা কৰি ৰিবন ডালে বান্ধি ল'ম। তোমাৰ ভাল লগাটোয়েই কৰিম।"বিদিশাই মন নোযোৱা সত্ত্বেও তেনেকৈ হাঁহি মাৰি কয়

    মৃত্তিক আৰু বিদিশাৰ প্ৰেম আৰম্ভ হৈছিল  পেইণ্টিং প্ৰদৰ্শনীৰ অনুষ্ঠান এটিত। বিদিশাই খুউব বঢ়িয়া পেইণ্টিং কৰে।এটি নিৰ্জীৱ বস্তুক ,একদম জীৱন্ত ৰূপত তুলি ধৰে।মৃত্তিকে প্ৰদৰ্শনী খন চাবলৈ আহিছিল বন্ধু অৰ্ণৱৰ লগত। তাৰ সিমান এইবোৰত ৰাপ নাই।বন্ধুৰ কথা পেলাব নোৱাৰি সংগ দিছিল। মৃত্তিক হেণ্ডচাম । যিকোনো ছোৱালী কে আকৰ্ষিত কৰিব পৰা সুন্দৰ চেহেৰাৰ অধিকাৰী।ব্লু কালাৰ ডেনিমৰ চাৰ্ট টোৱে তাক তুলি ধৰিছিল।হাতৰ পৰা পৰি যোৱা বিদিশাৰ মোবাইল টো তুলি দিওঁতে মৃত্তিকে,ইটোৱে-সিটোৰ চকুলৈ চাই ৰৈছিল। সেয়াই প্ৰথম ভাল লগা। পিছলৈ প্ৰেমৰ সম্পৰ্ক এটিত বান্ধ খাই পৰে।

   বিদিশা এজনী অতি খোলা মনৰ ৰাঢাংলী ছোৱালী।এককথাত ক'ব গ'লে,মুক্ত বিহংগৰ দৰে। সৰুৰে পৰা পেইণ্টিং আঁকে।ঘৰখনৰ সহযোগিতাত আগবাঢ়ি গৈছে। ৰাজ্যিক পৰ্যায়ত স্বীকৃতি পাইছে ইতিমধ্যে ই। কিন্তু মৃত্তিক সম্পূৰ্ণ বিপৰীত। তাই মন কৰিছে, আজিকালি সি যেন তাইক বান্ধি ৰাখিব খো‍ঁজে।তাইৰ মন নোযোৱা সত্বেও , একমাত্ৰ তাৰ ভালপোৱাৰ কাৰণে কৰি গৈছে।ব্যস্ত থকাৰ বাবেই সিমান  মন কৰা নাছিল। কিন্তু এইকেইদিন মানৰ পৰা অনুভৱ হৈছে,সি যেন আদেশ হে দিয়ে।তাইৰ মতামত লোৱাৰ প্ৰয়োজন বোধ নকৰে।তাইৰো যে ভাল লগা বা বেয়া লগা থাকিব পাৰে।

   "তুমি বেছি ক্ষীণ হৈছা।অলপ প্ৰ'টিন আৰু ফেটজাতীয় বস্তুবিলাক খাবাচোন।তেহে ফিগাৰ টো আটিল  হ'ব।দহ জনৰ আগত বুলেটত বহাই নিলে, সকলোৱে ঘূৰি ঘূৰি চাব।"

   "মই সেইবোৰ খাব নোৱাৰো। আগৰপৰাই বইল খাঁও। নিৰামিষহাৰী।পনীৰ ও নাখাওঁ। ফেটি বস্তু নোৱাৰোঁ খাব।এনেকে থিক আছোঁ।"বিদিশাই ক্ষোভৰ সুৰত কয়

      "তুমি তাৰমানে বয়ফ্ৰেণ্ডৰ কাৰণে সেইখিনি সলনি নকৰা।খাওঁ বুলি ভাবিলেই পাৰি।মনটো লগত কথা।বৰ জেদী ছোৱালী।"মৃত্তিকে বিৰক্তিৰ  সুৰত কৈ দিয়ে

     "এটা কথা মই যেনেকুৱা, তেনেকৈ থাকিম।না কাৰোবাৰ কাৰণে সলনি হ'ম। তেনেকৈ গ্ৰহণ কৰিলে হ'ব নহ'লে এই সম্বন্ধৰ পৰা আঁতৰি অহাই মংগলজনক। শিকলিৰে বান্ধিব খোজা সম্পৰ্ক এটি বেছি দিন এনেও তিস্তি  নাথাকে। মৃত্তিক আজিৰ পৰা তুমি মুক্ত।ভাল পোৱাৰ আগতেই এজনী নাৰীক  প্ৰথম সন্মান কৰিবলৈ শিকিবা। অকল নিজৰ খিনিকে জাপি নিদিবা,তাইৰ মনোজগতখনৰো খবৰ ৰাখিবা। তেহে সম্পৰ্ক এটি সজীৱ হৈ উঠে ।" বিদিশাই কথাখিনি কৈ শান্তি লভিলে।

চুণী বুঢ়াগোহাঁই হাজৰিকা
মিছন চাৰি-আলি, তেজপুৰ


পৃষ্ঠা ১৪

অনুবাদ কবিতা ঃ

মোৰ পিছফালে কোনোবা আছে

SOMBODY BEHIND ME
(ALGUIEN DETRAS DE MI)

কবি: নিকানোৰ পাৰা

অনুবাদ:
কিশোৰ কুমাৰ দাস
নলবাৰী
৯০৮৫৭৮৮৭০১


মোৰ বাওঁ কান্ধৰ ওপৰেৰে
মই লিখা প্ৰতিটো শব্দই পঢ়ে
কোনো লাজ নোপোৱাকৈ মোৰ সমস্যাবোৰত তেওঁ হাঁহে
নেজাল মানুহ

মই চাওঁ কিন্তু কাকো নেদেখো
যদিও মই জানোঁ যে কোনোবাই মোক চাই আছে।



পৃষ্ঠা ১৫
কবিতাঃ

কথোপকথন "জীৱন-ৰসায়ন"

"তোমাৰ মতে জীৱনটো কি কোৱা?"

   "জীৱনটোনো কি!
    এবটল ইথাৰ,
    ঢাকোন খুলিলেই বাষ্প হৈ যোৱা!
    অথবা এজেবা লোণ,
    জিভাত পৰিলেই দ্ৰৱীভূত হোৱা!
    কেতিয়াবা এনে লাগে
    জীৱনটো যেন 'ক্ৰমেট'গ্ৰাফী'
   
"মানে?"
      "ধৰা, এখন "মিক্সড-মিডিয়া" পেইণ্টিং,
       চকুৰ টোপালেৰে ধোৱা!"

"তুমি যিয়েই নোকোৱা,
মোৰ মতে, জীৱনটো
সমতুল কৰিব নোৱৰা
এটা জটিল সমীকৰণ!
পুৱাতে যদিও গুলপীয়া,
শেষ নিশালৈ ধৰে কেহেৰাজ বৰণ!!"


অনসূয়া বৰঠাকুৰ
নিউ গুৱাহাটী-২০
৯৪৩৫৫০৮৭৬৫


পৃষ্ঠা ১৬

ধূলিয়ৰি ফাগুনৰ গান


ফাগুন ,
সৰাপাতৰ   বিষাদৰ  মাজত
বসন্তৰ  সপোন
পচোৱাৰ  বোকোচাত  উঠি অহা
হেঁপাহৰ  লৃগাং 

পলাশ, শিমলু , মদাৰৰ  ডালে ডালে
সখীয়তীৰ  গুমৰাগ ৰ  আখৰা
ধূলিয়ৰি  ফাগুনৰ  ঢৌৱে ঢৌৱে
ভাঁহি ফুৰা  ঐনিতমৰ  সুৰ

ফাগুন,
এক   অনুভৱী  ৰং
আশা ভৰা  জীৱনৰ  গান   ।

জিতুমনি হাজৰিকা
9101247712


পৃষ্ঠা ১৭

মাটিৰ গোন্ধ

মাটি থাকে মানে মাটিৰ গোন্ধ লৈ থাকিম
মাটিৰ গোন্ধততেই বিচাৰিম অনাবিল আনন্দ
আৰু  সভ্যতাৰ বৰ্ণিল প্ৰাচুৰ্য!

মাটিৰ গোন্ধ কোমল কোমল
সভ্যতাৰ সুবাসৰ সমল!
মাটি খাটী
জীৱন মাটিৰ গোন্ধতে মিলি থকাৰ
আৰতি!

ড০ দীপমণি দাস


পৃষ্ঠা ১৮

তুমি জোনাক ছটিয়াইছিলা


মনত পৰেনে তোমাৰ
সেই মুহূৰ্তটিলৈ?
একেচিয়াজোপাত যে দুটি পক্ষীৰ
মাজৰ কুঁৱলিৰ আৱৰণখন আঁতৰি
এজাক পখিলাৰ জন্ম হৈছিল,
দূৰৈত অস্ত আকাশত বেলিটি
উদ্ভাসিত হৈ উঠিছিল পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে ।
বেলিটিৰ হেঙুলি আভাই
জিলিকাই তুলিছিল
অতীতে উকা কৰি যোৱা ছবিখনি,
মোৰ মনৰ উপত্যকাত সিঁচি দিছিল
মুঠি মুঠি জোনাক,
সেই সৌন্দৰ্য্যতেই
লহপহকৈ বাঢ়ি আহিছিল
এটি সেউজবুলীয়া সপোন ,
গঢ় লৈ উঠিছিল এডাল সাঁকো
তোমাৰ হৃদয়ৰ পৰা মোৰ হৃদয়লৈ
বিশ্বাসৰ, আশ্বাসৰ আৰু প্ৰণয়ৰ ।
©️লুম্বিনী শইকীয়া 

লুম্বিনী শইকীয়া 
শালিকীহাট, গোলাঘাট
৭০০২৯৭৮১৯১ 


পৃষ্ঠা ১৯

শৰবিদ্ধ দেৱব্ৰত

শৰবিদ্ধ দেৱব্ৰত মই,
শৰবিদ্ধ পিতামহ মই,
হস্তিনাৰ ৰক্ষা কবচ মই...

জনমিলো অষ্টম পুত্ৰৰূপে মই গাংগেয়, চিৰযুগে নহ'লো মই শাপমুক্তা জীতেন্দ্ৰীয় ৷

হায় শাপমুক্ত,হায় অনুতপ্ত,পাষাণী বেশেৰে আছোহি ৰৈ,
পিতৃৰ মান জানি ময়ে ল'লো পণ সদা চিৰকুমাৰ হৈ ৷

কোনোদিন নহ'লো মই সম্ৰাট,
তথাপিও সময়ে কয় মোক হস্তিনাৰ অদৃশ্য সম্ৰাট  ৷
হতাশ্বাস সভাত আত্মকীৰ্ত্তি ধ্বংসৰ দৰ্শক মই ৷
কুলবধু যাজ্ঞসেনীৰ আত্মহননকাৰী ৰূপৰ নিৰ্ব্বিকাৰ মানচিত্ৰ  মই ৷
সম্ৰাট মই, ৰাজসিংহাসন ভোগ নকৰা প্ৰতিজ্ঞাবদ্ধ হাতৰ পুতলা,
যেতিয়া চৰম ক্ষণ আহিছিল সম্ৰাটৰ
পিতৃত্বৰ নৈতিক গৌৰৱ অৰ্জনৰ,
তেতিয়াই আহিল সত্যব্ৰতীৰ মনৰ পণ ৷
নহ'লো মই পৌৰুষ, হ'লো মই কুৰুৰ পিতামহ, সদা চিৰকুমাৰ দেৱব্ৰত ভীষ্ম হৈ ৷

মই শক্তিমান,
মই ত্ৰাহিমাম,
গুৰু মোৰ পৰশুৰাম ৷
আছে হাতে ধনু লক্ষ্য বাণ ৷
অভিশপ্ত মোৰ জীৱনৰ পণ,
মোৰ পণতে ধীয়াই ৰাখি অম্বাই বেজাৰ কৰে নিজৰ মন ৷

ৰাজ্যৰ শ্লীলতা নাই,
কল্পনাতীত অম্বাৰ দেহত্যাগ ৷
নিৰন্তৰ যুদ্ধ মোৰ ,অম্বালৈ অপেক্ষা মোৰ,
সিদিনাই শেষ হব  জীৱনৰ আঘোষ যুদ্ধ মোৰ ৷

ময়ে দেৱব্ৰত,ময়ে ভীষ্ম,
ময়ে  গাংগেয় শান্তনুনন্দন,
কুৰুক্ষেত্ৰ মহাসমৰৰ ময়ে কৌৰৱৰ মহা শক্তি সনাতন ৷
তথাপি অজেয় শৰীৰ মোৰ
পৰাজেয় অধৰ্মী কুৰুসমৰত,
ক্লেদ মোৰ দুচকুত
পাপ মোৰ মৌনতাত,
বাস্তৱ মোৰ ৰহস্যাতিত,
মৃত্যু মোৰ বাণৰ বৃষ্টিত ৷

অন্ধ ধ্ৰীতপুত্ৰৰ অধৰ্মী ৰাজকাৰেঙৰ
মই মুখ্যসেনাপতি জানিবা নিশ্চিত,
ইচ্ছাত মৃত্যুৰ প্ৰাপ্তিৰ ময়ে ধৰাৰ প্ৰথম  সেইটোও জানিবা নিশ্চিত ৷

তথাপিও শৰবিদ্ধ মই ভীষ্ম ,
বীৰত্ব মোৰ শৰত আবদ্ধ,
পাৰ্থৰ প্ৰতি শৰে চেপি ধৰা তেজৰ টোপালত মোৰ মৌনতাৰ অধৰ্মী গোন্ধ ৷
প্ৰতিটো কষ্টৰ উশাহত দেৱী অম্বাৰ প্ৰতিশোধৰ বিস্ফোৰিত অগনি ,
তোমাৰ বস্ত্ৰ হৰণৰ অপৰাধী মই ক্ষমা কৰি দিয়াহে মোক যাজ্ঞসেনী ৷

চিৰজীৱন প্ৰতিজ্ঞাতে লিপ্ত,
বীৰত্ব মোৰ হৈ পৰিল সুপ্ত,
অধৰ্মই চানি ধৰিলে হস্তিনাৰ সৌৰ্যদীপ্ত ,
কুৰুসমৰেই একমাত্ৰ ধৰ্ম প্ৰতিষ্ঠাৰ,
তেতিয়াহে জাগিব ধৰ্মীয় উশাহ,হ'ব ফলে ফুলে ধৰণী  জাতিষ্কাৰ ৷

পিয়াঁহত আঁতুৰ মই,
শৰ শয্যাত অৱসাদী মই,
হে ধনঞ্জয় নিবাৰণ কৰা ক্ষুধা,
দিয়া মোক গংগাৰ শীতল পানী,
যাওঁ মই পৃথিৱী এৰি ৷

থাকিবা কুশলে বসুন্ধৰা,
মোৰ বেজাৰত নটুকিবা চকুলো ৷
হে যদুপতি,কৰিছোঁ মিনতি,
ত্যাগিব বিচাৰিছোঁ জীৱনৰ শকতি ,
চৰণ চুবলৈ অপৰাগ মই,
কাৰণ শৰবিদ্ধ দেৱব্ৰত মই ৷

দিব্যজ্যোতি ৰাজখোৱা


পৃষ্ঠা ২০

প্ৰতিশ্ৰুতি

আজি তুমি মোক এৰি গৈছা অকলশৰে,
মোৰ আঙুলি মুৰত লিখি আছো তোমাক লগ পোৱা প্রতিটো দিন
ওৱলি যোৱা জীৱনৰ চাকনৈয়াত অহৰহ আমনি কৰিছে স্মৃতিবোৰে
তোমাৰ প্রতিশ্রুতিবোৰে,
স্মৃতিতে থাকি যাম মই,
হেৰুৱাই পেলালা চাগৈ
মোৰ নাম মোৰ ঠিকনা,
বহু দিনেই হ'ল তোমাৰ মৰম নোপোৱা,
হৃদয়খনত আজি কিযে দাৱানলৰ সৃষ্টি হৈছে 
কবিতাৰ ভাষাবোৰ চোন স্তব্ধ হৈ গৈছে,
মই সচাকৈয়ে গুছি যাম অহাৰ বাটেৰে,
স্মৃতি সেউজিয়া পাতত মোৰ চকুলো টুপালেৰে
লিখি যাম মোৰ জীৱন গাঁথা
মৰমৰ চানেকিৰ আঁৰত থকা চকুলোবোৰ নিগৰাম,
কোনেও অভিনয় কৰিব নালাগে,
কাৰন মই তো শুই থাকিম কাকো আমনি নকৰা প্রতিশ্রুতিৰে 

দেৱজিৎ দাস 
নামতি বাউলি পুখুৰী, শিৱসাগৰ


পৃষ্ঠা ২১

উন্মাদনা

কিযে এই উন্মাদনা
বুকুৰ কাষেৰে পাৰ হৈ যায়
বিষাক্ত অমৃত পান কৰি দিন পাৰ কৰো
সমাজৰ অনিয়মৰ মাজতো প্ৰেমৰ সংজ্ঞা বিচাৰো 
বিশ্বাসঘাতকতাৰ পিছতো বুকুৰ পথাৰ শুকোৱা নাই
সেউজীয়া হৈয়েই আছে আশাবাদী মন ।
তোমাৰ পৰাই আৰম্ভণি হৈছিল নতুন সৃষ্টি 
আকৌ এবাৰ যদি পাৰো উভতাই আনো 
মিছাবোৰ সঁচালৈ ৰূপান্তৰিত কৰিম 
পাপবোৰ নোহোৱা কৰি দিম 
তোমাৰ কলুষিত মনক পবিত্ৰ কৰি দিম 
জালুকবাৰীৰ অস্থিৰ পৰিবেশ
শান্ত কৰি দিম ।

হেমন্ত নাথ
হাউলি, বৰপেটা


পৃষ্ঠা ২২

বেদনা

নীৰৱ হুমুনিয়াহ এটা বুকুৰ
একোণেদি পাৰ হৈ গʼল ।
তিমিৰৰ আবিৰ ফালি
বুকুত বাজিছে বৰষুণৰ চেতাৰ

সেমেকা পোহৰত উজ্বলি থাকিল মাথোঁ
আশাৰ চাকিগছি

ঈষৎ নীলা ...

চিণ্ময় বৰুৱা
যোৰহাট
৮৭৫৩৯৭৯০৮৫


পৃষ্ঠা ২৩

নাৰীৰ গাঁথা

মোৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আজি
ক্ষোভ আৰু হতাশাৰ পোকে কিলবিলাইছে।
মনত প্ৰতিবাদী সত্বাৰ জোৱাৰ উঠিছে।
দেৱীতুল্য বন্দিতা নাৰী আজি
নিজ ঘৰতেই লাঞ্ছিতা।
কৰ্মোদ্যমী স্বাৱলম্বী নাৰী আজি
নিজ কৰ্মস্থলীতেই ধৰ্ষিতা।
তেনেস্থলত নাৰীৰ সুৰক্ষা ক'ত ?
ক'ত আজি নাৰীৰ নিৰাপত্তা ?
পখিলাৰ দৰে চঞ্চলা গাভৰুজনীও আজি
পৰনিন্দাৰ ভয়ত শান্ত হৈছে।
চহৰখনৰ আটাইতকৈ সাহসী ছোৱালীজনীও 
৭ বজাৰ আগতেই ঘৰ সোমাইছে।
পখিলা খেদি ফুৰা কণমানিজনীকো  
মাকে সম্বন্ধীয় মানুহৰ ঘৰত 
অকলে এৰিবলৈ সাহস কৰা নাই।
তেনেস্থলত ভুল কাৰ ?
তেনেস্থলত প্ৰকৃত দোষী কোন ?
দোষ হয়তো যান্ত্ৰিকতাৰ পয়োভৰত 
দহি খহি‌ যোৱা নিষ্ঠুৰ মানসিকতাৰ।
দোষ হয়তো মানৱীয় মূল্যবোধ বিহীন
নিৰ্জ্জলতাৰে জৰ্জৰিত পৈশাচিক মনোবৃত্তিৰ।
সৌৱা দেখোন পৰিভ্ৰমী চৰাই
জাকে জাকে ডেউকা মেলি উৰি যায়।
সেই চৰাইজাক আজি মুক্ত।
নীলাভ দিগন্তৰ বুকুত সিহঁতৰ সুখ আজি অফুৰন্ত।
বৰ্তমান‌ সমাজৰ নিষ্পেষিত নাৰীৰ তুলনাত
সেই চৰাইজাকেই আজি সুৰক্ষিত।
ঠিকনা বিহীন চৰাইজাক আজি 
দয়াহীন জগতৰ নিষ্ঠুৰতাৰ পৰা বিৰত।

স্বেতা ছেত্ৰী
বালিজান, ডিগবৈ, তিনিচুকীয়া
৮৪০৪০৩৩৩১৮


পৃষ্ঠা ২৪

ইউ আৰ মাই ভেলেন্টাইন

কটাম বুলি ভাবিছো তোমাৰ স’তে হেঁপাহৰ এটি দিন ৷
হেৰাই যাম সিদিনা তোমাৰ সুনীল চকুৰ গভীৰতাত ৷
নাইবা তোমাৰ পুৰঠ ওঠঁত আঁকি দিম
মোৰ কোমল ওঠঁৰে এটি দিঘল চুমা ....
সংগোপনে ওমলি থাকিব  তোমাৰ আঙুলিৰ ফাঁকত
মোৰ লিহিৰি আঙুলিবোৰ ৷
এক মায়াময় সুখানুভূতিত
উচ্ছাখিত হৈ পৰিব  চৌপাশৰ সময়বোৰ ।
তুমি মোলৈ উপহাৰ  হিছাপে কি আনিবা ?
সোণৰ আঙুঠি ? কাচঁৰ তাজমহল ?  নে অন্য কিবা ?
যদি তুমি আনিলাহেতেন মোলৈ এপাহ ৰঙা গোলাপ ...
মই বৰ সুখি হলোহেতেন জানা…
মই কিন্তু লৈ যাম তোমালৈ দুহাতৰ কুঁকিত ভৰাই
প্রেম আৰু কবিতাৰ আকাশ ৷
সেই দিনটো আমাৰ  একান্তয়ে নিজৰ ৷
ইজনে সিজনক   আকৌ এবাৰ বুজাৰ ,নতুনকৈ অনুভৱ কৰাৰ ,
আগতকৈ বেছি আকুল হোৱাৰ ৷
তুমি ভালপোৱা ৰঙৰ  কাপোৰ সাঁজ পিন্ধি যোৱা বাবে
তুমি হইতো বাৰে বাৰে কবা আজি তোমাক ধুনীয়া লাগিছে.. ৷ 
পুলকিত হৈ পৰিব মন ৷
প্ৰিয় পুৰুষজনৰ মুখত  সেই কথাষাৰি শুনিবলৈ
সকলো নাৰীৰে অসীম হেঁপাহ ৷
পাৰিলে তুমি মবাইলটো  অফ কৰি থবা হা ৷
বাৰে বাৰে তোমাৰ কামৰ ফোনবোৰে    
আমাৰ মৌ মিঠা সময়বোৰ বিৰক্ত কৰিব ।
সেই দিনটো আমাৰ হেঁপাহৰ ৷
সৰু সৰু কথাতে মই সিদিনা অভিমান কৰিম দেই ৷
মোৰ অভিমান ভাগিবলৈ  তুমি যে কেনেখন কাঁও বাঁও কৰা                              
মোৰ বহুত ভাল লাগে জানা ৷
আমি সিদিনা বহুত কথা পাতিম ৷
প্রেমৰ…জীৱনৰ…কিম্বা আমাৰ সোণালী ভবিষ্যতৰ ৷
দুঃখ লাগিলে তোমাৰ  বুকুত সোমাই
মই উচুপি উচুপিও কান্দিম ।
দুহাতৰ তুলুৱাৰে তুমি মোৰ চকুপানী মচি দিবা ৷
পাৰ ভাঙি বৈ অহা অশ্রুকণাবোৰ
তোমাৰ আঙুলিৰ পৰশত                                            
হৈ পৰিব একো একোটা ৰূপোৱালী তৰা ৷
যিয়ে ক্ষনিকতে পোহৰাই পেলাব                             
মোৰ কলিজাঁৰ অমানিশা ৷
মই আওৰাম কবিতা ৷ তুমি গুনগুনাই শুনাবা প্ৰিয় গীত ৷
সেই দিনায়ে মই তোমাৰ নতুনকৈ প্রেমত পৰিম ৷
চকুত চকু থৈ আকৌ এবাৰ                         
মই কম তোমাক ভালপাঁও বুলি ৷
তুমি কবা মোক ইউ আৰ মাই ভেলেণ্টাইন ।
সেই দিনটো আমাৰ প্রেমৰ দিন। আকাংক্ষাৰ দিন ৷         
মই অধিৰ হৈ পৰিম,  আতুৰ হৈ উঠিম, 
প্ৰেমময় দিনটোত বিলীন হবলৈ  তোমাৰ সতে  প্ৰেমৰ মোহনাত ।
হেল্লো….হেল্লো….  তুমি শুনি আছানে ?                           
 ১৪ ফেব্রুৱাৰি…ভেলেণ্টাইন ডে 
ক’ত লগ পাম তোমাক ???

প্ৰীতিৰেখা দাস
বাংগালোৰ
ফোন _৮১০৫২৫২৩৫০


পৃষ্ঠা ২৫

গোপন প্ৰেমৰ অব্যক্ত কথাৰে

কেনেবাকৈ কোনোবাই গম যদি পায় 
আমাৰ গোপন প্ৰেমৰ কথা, 
কি হ'ব কোৱা 
কাকো টো কোৱা নাজায় 
এই প্ৰেম ভালপোৱাৰ কথা ,
প্ৰেম কিয় বাৰু উৰণীয়া মেঘ এচটা ।
মেঘে যদি কৈ দিয়ে
উতলা ফাগুনৰ চঞ্চলা বতাহীক 
বতাহে কৈ যাব কাণে কাণে 
 সকলো কথা গছক 
গছৰ পাতে কয় যদি বোৱতী নদীক 
নদীয়ে নিশা অকলে পাই 
মনে মনে কয় যদি গাভৰু জোনক 
পুৱতি নিশা 
জোনে কৈ যাব ৰাতি ফুলা ফুলক 
ইছ্ছ্ ফুলে ফুলে গম পালে কি যে হ'ব 
সুবাসতে কথাবোৰ বিয়পি পৰিব।
আমাৰ প্ৰেমৰ কথা পৃথিৱীয়ে জানিব ।
কিনো কৰিবা ,ক'ত লুকুৱাবা ,
নাজানা জানো কথা বুলিলেই বতাহ
মাঘ গ'ল ,ফাগুন আহিল 
চ'তৰ শেষত পাবহি বহাগ 
সোনকালে কিবা এটা কৰা ভাল, 
তুমি জানো দেখা নাই 
লাজতে ৰঙা পৰা 
মোৰ গোলাপী গাল ।।

মনচুমী কলিতা নাথ 
যোৰহাট


পৃষ্ঠা ২৬

ফাগুনৰ সুবাস

ফাগুনৰ নিজস্ব এক ৰং আছে
আছে সুবাস সুগন্ধি
টলমল যৌৱনৰ সুঘ্ৰাণ
পৰিব্যাপ্ত সমগ্ৰ ধৰিত্ৰীত
শীতাৰ্ত্ত পুৱাৰ জঠৰতা
অতিক্ৰমি অগ্ৰগামী
জীৱকুল মাথোঁ ৰঙীন ফাগুনক
স্বাগত জনোৱাৰ
আবিৰৰ ৰঙেৰে হিয়া মন
ৰক্তিম কৰাৰ আকুল বাসনা জাগে সময়ে অসময়ে
গছৰ শুকান পাত সৰাৰ
ধ্বনিয়ে দিয়ে
ঋতু পৰিবৰ্তনৰ অমোঘ বতৰা
দিবাস্বপ্ন দেখা মধুময় দিন
ক্ৰমাৎ টুটি আহিল ৷

শ্ৰী দিপালী শইকীয়া গগৈ
আমগুৰি।


পৃষ্ঠা ২৭

ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ১০

কাংগ্রা

শর্মীষ্ঠা বর্মন
নতুন দিল্লী

ধৰমশালাখনত আমি সৰু সৰু মুঠ চাৰিটা 'ৰুম' লৈছিলোঁ ৷ এটাত মা আৰু দেউতা , এটাত আমি চাৰিজন , এটাত ভাইটীহঁতৰ পৰিয়ালটো আৰু এটাত মোৰ শহুৰ দেউতা থাকিল ৷ আটায়ে নিজৰ নিজৰ 'ৰুম'লৈ গৈ গা-পা ধুই সতেজ হ'লো ৷ চাহ-জলপান খালোঁ ৷ ধৰমশালাৰ কর্তৃপক্ষৰ পৰা জানিব পাৰিলোঁ যে জ্বালাদেৱীৰ মন্দিৰটো হেনো নিচেই কাষতে আছে ৷ গতিকে আমি খোজ কাঢ়িয়ে তালৈ ৰাওনা হ'লোঁ ৷ কিছুদূৰ বাট গৈ পোৱাৰ পাছত পাহাৰৰ দাঁতিত মন্দিৰটোৰ প্রৱেশ দ্বাৰ খন দেখা পালোঁ ৷ খটখটি বগাই আমি ওপৰলৈ উঠিলোঁ ৷ তাৰ পাছত জোতা-চেণ্ডেলবোৰ খুলি মন্দিৰ চৌহদত প্রৱেশ কৰিলোঁ ৷ দেউতা আৰু মা জোতা-চেণ্ডেলৰ ৰখীয়া হৈ থাকিল ৷ মাজে মাজে ইফালে-সিফালে চাই সেই ঠাইৰ প্রাকৃতিক পৰিৱেশ উপভোগ কৰিলে ৷ এয়া তেওঁলোকৰ চিৰন্তন ব্যক্তিগত নিয়ম ৷

জ্বালাদেৱী মন্দিৰৰ এটি ডাঙৰ প্রাকৃতিক ৰহস্য আছে ৷ তাত কোনো মূর্তি নাই ৷ তেল আৰু শলিতা অবিহনে তাত ন'টা প্রাকৃতিক বন্তি যুগ যুগ ধৰি অনবৰতে জ্বলি আছে ৷ তাৰ ৰহস্য বৈজ্ঞানিক সকলে এতিয়াও উদ্ঘাটন কৰিব পৰা নাই ৷ পৌৰাণিক কথামতে পাণ্ডৱ সকলে এই ঠাইডোখৰ বিচাৰি উলিয়াইছিল ৷ ৰজা ভূমিচন্দ্রই এই মন্দিৰৰ প্রাথমিক নির্মাণ কার্য্য আৰম্ভ কৰিছিল ৷ তাৰ পাছত ১৮৩৫ চনত পাঞ্জাৱৰ ৰজা ৰঞ্জিত সিংহ আৰু ৰজা সংসাৰ চন্দে এই মন্দিৰটো সম্পূর্ণভাৱে নির্মাণ কৰে ৷ পৌৰাণিক মান্যতা অনুসৰি সতিৰ জিভাখন ইয়াত পৰিছিল বুলি ধাৰণা কৰা হয় ৷

নিজে নিজে জ্বলি থকা প্রাকৃতিক বন্তিবোৰ স্বচক্ষে দেখি আমাৰ কৌতুহলৰ সীমা নোহোৱা হ'ল ৷ কি যে প্রকৃতি আৰু ঈশ্বৰৰ লীলা ! ভাবিলে আচৰিত লাগে ! এই কৌতুহল মনত লৈয়ে আমি বাহিৰলৈ ওলাই আহিলোঁ ৷ তেতিয়ালৈকে আমাৰ বৰ ভোক লাগিব ধৰিছিল ৷ তেনেতে জানিব পাৰিলোঁ যে তাতেই হেনো এটা 'লঙ্গৰ' আছে ৷ গতিকে আমি তালৈকে গ'লো ৷ প্রৱেশ কৰিয়েই বুজিবলৈ বাকী নাথাকিল যে তাত সকলোবোৰ বৰ শৃংখলাৱদ্ধ ভাৱে চলি আছে ৷ ধুই-পখালি একাষে থৈ দিয়া কাঁহী আৰু গিলাচ নিজে নিজে লৈ আনি শাৰী পাতি বহিব লাগে ৷ যি শাৰী মানুহেৰে সম্পূর্ণ হৈ যায় সেই শাৰীত 'লঙ্গৰ'ত কাম কৰা স্বেচ্ছাসেৱী সকলৰ কোনোবাই ডাঙৰ পাত্রত ভাত,কোনোবাই দাইল,কোনোবাই তৰকাৰী,কোনোবাই পাপৰ আদি বিভিন্ন খাদ্য সম্ভাৰবোৰ এফালৰ পৰা বৰ শ্রদ্ধাৰে বিতৰণ কৰি যায় ৷ মাজে মাজে কেবাবাৰো পাক মাৰে ইচ্ছুক সকলক  উপৰঞ্চি দিবলৈ ৷ খাই শেষ হ'লে মানুহবোৰে নিজৰ নিজৰ কাঁহী আৰু গিলাচ বোৰ হাতে হাতে তুলি লৈ ডাঙৰ ধোৱা ঘৰটোৰ ফালে গুছি যায় ৷ তাত থোৱা চাবোনেৰে  ভালদৰে ঘঁহি পানীৰে ভালদৰে ধুই-পখালি নির্দ্দিষ্ট ঠাইত থৈ আহিব লাগে ৷ আমি আটায়ে নিয়মানুযায়ী আনন্দ মনে ভোজন গ্রহণ কৰিলোঁ ৷ তাৰ পৰা ওলাই অহাৰ আগতে 'লঙ্গৰ'ৰ বাবে যথাসাধ্য সামান্য বৰঙণি এটা আগবঢ়ায় দিলোঁ ৷ ৰচীদখন লৈ তাৰ পৰা ওলাই আহি ধৰমশালা পালোঁহি ৷

বৈজনাথ :

পিছদিনা পুৱা উঠিয়েই নিত্য কর্ম সামৰি দুয়োখন গাড়ী লৈ আমি 'বৈজনাথ' মন্দিৰ অভিমুখে ৰাওনা হ'লো ৷ অঁকোৱা-পকোৱা পাহাৰীয়া বাটটোৱেদি যাওঁতে পাহাৰৰ প্রাকৃতিক সৌন্দর্য্য দেখি মন পুলকিত হৈ উঠিল ৷ মাজে মাজে বাটত দুই-এবাৰ ৰৈ প্রাকৃতিক সৌন্দর্য্যৰ সতে নিজৰ নিজৰ ফটো কেইখনমানো তুলিলোঁ ৷

এটা সময়ত 'বৈজনাথ মন্দিৰ' গৈ পালোঁ ৷ বৰ সুন্দৰ আৰু প্রাচীন শিৱ মন্দিৰ ৷ এই মন্দিৰ হিমাচল প্রদেশৰ কাংগ্রা জিলাত অৱস্থিত ৷ অহুক আৰু মনুক নামৰ দুজন ব্যৱসায়ীয়ে ১২০৪ খৃষ্টাব্দত নির্মাণ কৰাইছিল ৷ এই মন্দিৰটোৰ সৈতে পৌৰাণিক কাহিনী এটি জড়িত আছে ৷ এসময়ত কৈলাশ পর্ব্বতত ৰাৱণে কঠোৰ তপস্যা কৰিছিল ৷ ৰাৱণৰ তপস্যাত মুগ্ধ হৈ মহাদেৱে কেবাটাও বৰ দিলে ৷ এই সুযোগতে ৰাৱণে মহাদেৱক লঙ্কালৈ লৈ যাবলৈ ইচ্ছা প্রকাশ কৰিলে ৷ এটা চর্তত মহাদেৱে ৰাৱণৰ অনুৰোধ মানি ল'লে ৷ তেওঁ লঙ্কালৈ লিঙ্গ ৰূপত যাব আৰু লিঙ্গটো য'ত ত'ত থ'ব নোৱাৰিব ; লিঙ্গটো য'তেই থ'ব তাতেই মহাদেৱ লিঙ্গৰূপত থাকি যাব ৷ ৰাৱণ মান্তি হ'ল ৷ লিঙ্গৰূপী মহাদেৱক লৈ ৰাৱণে দক্ষিণৰ ফালে যাত্রা কৰিলে ৷ মাজ বাটতে ৰাৱণৰ পিয়াহ লাগিল ৷ তেনেতে এজন ভেৰাৰখীয়াক লগ পালে আৰু তেওঁৰ পৰা পানী খাই তৃষ্ণা নিবাৰণ কৰিলে ৷ পানী খাই উঠি ৰাৱণে ভাবিলে এবাৰ সৰু পানী চুই আহিবগৈ ৷ সেইহেতুকে লিঙ্গটোক ভেৰাৰখীয়াজনৰ হাতত তুলি দি বাৰে বাৰে সোঁৱৰাই দিলে যে লিঙ্গটো যাতে কোনো কাৰণতে মাটিত নথয় ৷ কিন্তু ভেৰাৰখীয়াজনে ৰাৱণৰ অনুপস্থিতিত লিঙ্গটো মাটিত থৈ দিলে ৷ দশমীৰ দিনা উত্তৰ ভাৰতৰ আন আন ঠাইত ৰাৱণৰ প্রতিমূর্তি দাহ কৰা হয় ৷ কিন্তু ৰাৱণে সেই ঠাইলৈ লিঙ্গটো অনা বাবে তাত 'ৰাৱণ দহন' কৰা নহয় ৷ এই ভেৰাৰখীয়াজনক বহুতে গণেশৰ ৰূপ বুলিও কয়, বহুতে বিষ্ণুৰ ৰূপ বুলিও কয়৷

বৈজনাথ মন্দিৰৰ কাষেৰে পাহাৰৰ দাঁতিত গঙ্গা নদীৰ পৰা ফালৰি কাটি ওলাই অহা জলধাৰা এটি নিশ্চলভাৱে বৈ গৈছে ৷ ঠাইডোখৰৰ প্রাকৃতিক সৌন্দর্য্য বৰ উপভোগ্য ৷

চামুণ্ডা :

বৈজনাথৰ পৰা ওলাই আহি আমি খোৱা-বোৱা কৰিলোঁ ৷ তাৰ পাছত সোধ-পোছ কৰি গম পালোঁ যে তাৰ পৰা কেই কিলোমিটাৰমান দূৰত্বত 'চামুণ্ডা' দেৱীৰ মন্দিৰ আছে ৷ এইবাৰ আমি চামুণ্ডা অভিমুখে ৰাওনা হ'লো ৷

      চামুণ্ডা দেৱীৰ মন্দিৰ কাংগ্রা জিলাৰ চম্বাত অৱস্থিত ৷ আমি গৈ পাওঁতে আবেলি হৈছিল আৰু মন্দিৰ বন্ধ আছিল বাবে আমি আশে-পাশে ফুৰি প্রকৃতিৰ মনোৰম সৌন্দর্য্য উপভোগ কৰিলোঁ ৷ ঠাইডোখৰ পাহাৰীয়া অঞ্চলৰ বাবে বৰ সুন্দৰ আৰু মনোৰম লাগিছিল ৷ কাষেদি সুন্দৰ নিজৰা এটি নিশ্চলভাৱে বৈ গৈছে ৷ সুন্দৰ নির্মল পৰিৱেশ ৷ কিন্তু দিনটো ঘূৰি ফুৰা বাবে মোৰ ছোৱালীজনীৰ গা বেয়া লাগিল ৷ তাই বমি কৰিলে ৷ গতিকে আমি তাত আৰু বেছি সময় ৰ'ব নুখুজিলোঁ ৷ অৱশ্যে ইতিমধ্যে মন্দিৰৰ দুৱাৰ খুলিছিল ৷ গতিকে মা-দেউতাক জোতা চেণ্ডেল ৰখীয়া পাতি ততাতৈয়াকৈ মন্দিৰৰ ভিতৰত পাক এটা মাৰি ধৰমশালাখনলৈ গুছি আহিলোঁ ৷

(ক্রমশঃ)


পৃষ্ঠা ২৮

গল্প ঃ

বৰণ

প্ৰেগনেন্সি কীটটোত দুডাল আঁচ অহাৰে পৰা ৰিমলীৰ কাণত অহৰহ নিজৰ মানুহবোৰৰ লগতে আত্মীয় স্বজন, ওচৰ চুবুৰীয়া আনকি দুদিনীয়া চিনাকি মানুহৰো লানি নিছিঙা উপদেশৰ বৰ্ষণ হ'বলৈ ল'লে।

"অনবৰতে শুই বহি নাথাকিবা, কাম বন কৰি এক্টিভ হৈ থাকিবা।"
"বাওঁফালে শুবা, পেট পেলাই নুশুবা।"
"ভাল কিতাপ পঢ়িবা, ভাল কথা চিন্তিবা।"
"ঋষিক বৰকৈ ওচৰ চাপিবলৈ নিদিবা কিন্তু।"
"কঁকালত অমুক আয়ে জাৰি দিয়া তমুক মন্ত্ৰৰ মালা আৰিবা, তমুক জপ কৰিবা।"

মুঠতে দিহা পৰামৰ্শৰ অন্ত নাই।

ৰিমলীয়ে কিছুমান কথা মানে, কিছুমান নামানে। উপদেশ দিবলৈ মানুহৰ অভাৱ নাই। সকলো কথা শুনিবলৈ তাইৰ মনটোৱে চোন নামানে।

ইয়াৰ মাজতে ওচৰতে বিয়া দিয়া জেশাহুৱেক অসীমাই অনৰ্গল একেটা কথাকে কৈ থাকে,
"ৰিমলী, বেঙেনা নাখাবা কিন্তু। আৰু তুমি ভালপোৱা চাহ, কফি একোৱেই  মুখত নিদিবা। বেবী ক'লা হয় এইবোৰ খালে। আমাক কিন্তু ক'লা বেবী নালাগে দেই।"

শাহুৱেকেও মাত দিয়ে,
"গাখীৰত কেশৰ দি খাব লাগে দেইলি, ধক-ধকীয়া লাড়ুৱা গোপাল পাবা।"

ৰিমলীৰ মূৰটো গৰম হৈ যায়। এই ঘৰখনৰ বগা ৰং লৈ কি যে এটা অবচেশ্যন। অথচ এই ঘৰৰ কেওটি প্ৰাণীৰেই গাৰ বৰণ ক'লা।

দুবছৰ আগতে তাইক ঋষিয়ে বিয়া কৰাব বোলাতো এওঁলোকৰ প্ৰথম আপত্তি আছিল তাইৰ ঈষত মিঠা বৰণটোৱেই। গঢ়ে-পিটে সুন্দৰী, সু-শিক্ষিতা, সু-স্বাস্থ্যৰ অধিকাৰী ৰিমলীজনী তেওঁলোকৰ চকুত পৰা নাছিল। পৰিছিল কেৱল তাইৰ গাৰ বৰণটো।

কিন্তু শেষত ৰিমলীয়েই এই ঘৰৰ বোৱাৰী হৈ দুৱাৰ দলি গচকিলহি। লাহে লাহে মুকলি মনৰ ৰাংঢালি বোৱাৰী পাই ঘৰৰ মানুহখিনিয়েও তাইক আঁকোৱালি ল'লে।

কিন্তু কৰবাত যেন কিবা এটা আসোঁৱাহ ৰৈ গৈছিল।
মাজে মাজে শাহুৱেকে আক্ষেপ কৰি উঠিছিল,
"বগী বোৱাৰী এজনী আহিলে, ভৱিষ্যতে আহিবলগীয়া সতি-সন্ততিবোৰৰো উজ্জ্বল ৰং হ'ল হয়।"

সেইবুলি তেওঁ ৰিমলীক অৱহেলা কোনোদিনেই নকৰিলে। শাহু হিচাপে যথেষ্ট মৰম কৰে ৰিমলীক।

ৰিমলী সুখী হৈছিল মোটামুটি তাইৰ নতুন সংসাৰখনত।

আৰু এতিয়া তাই মাক হ'ব বুলি খবৰটো শুনাৰে পৰা তেওঁলোকে ৰিমলীৰ আদৰ যত্ন দুগুণ অত্যুৎসাহেৰে কৰিবলৈ ধৰিলে।

কিন্তু তেওঁলোকৰ খোৱা নোখোৱাৰ তালিকাখনে ৰিমলীক বাৰুকৈয়ে অতিষ্ঠ কৰিছিল। তাইৰ আহিবলগীয়া অকণমানিটোক বিচৰা ধৰণে বৰণ দিয়াবলৈ শাহুৱেক, জেশাহুৱেকহঁত যেন উঠি পৰি লাগিছিল।

নানান মানুহৰ পৰামৰ্শমতে তেওঁলোকে প্ৰকাণ্ড লিষ্ট এখন কৰি পেলাইছিল। কি খোৱা উচিত কি অনুচিত, বহুত নিয়ম নীতি।

মাজে মাজে ৰিমলীয়ে মৃদু প্ৰতিবাদ কৰিলেও এই অৱস্থাত কাজিয়া পেছাল বেছিকৈ বঢ়াবলৈ মন কৰা নাছিল।

এসপ্তাহমান আগত আহি ওলালহি শাহুৱেকৰ ভাগিনীয়েক তৃষা। তৃষাই এইবাৰ এম-ডি কৰি চহৰৰ নামকৰা অবস্ট্রেতিছিয়ান-গাইনেকলজিষ্ট এজনৰ টিমত জুনিয়ৰ ডাক্তৰ হিচাপে সোমাইছে। পি-জিৰ খানা খাই আমুৱাইছে বুলি কেইদিনমান জেঠায়েকৰ ঘৰত থাকোঁ বুলি আহিছে। আহি সকলোৰে আদৰ বুটলিছে।

তাই অহাৰে পৰা ঘৰখনত সকলোৰে মনবোৰ ফুৰ্তিত থাকে। জেঠায়েকে, মানে ৰিমলীৰ শাহুৱেকেও স্বভাবতে নিৰ্ভীক আৰু স্পষ্টবাদী ভাগিনীয়েকক প্ৰচুৰ মৰম কৰে। ভয়ো নকৰা নহয়, যিহে মুখ চোকা ছোৱালী, অন্যায় কথা ক'লে মুখতে ধৰে।

তৃষায়ো পাৰে মানে বৌয়েক ৰিমলীৰ খেয়াল ৰাখিছে। কি কি বস্তু খালে বেবীৰ গ্ৰউথ ভাল হব, কোন খাদ্যই বেবীৰ মগজু চোকা কৰিব সকলো তথ্য তাইক দিছে। ৰিমলীৰ মন ভাল লগাবলৈ বাছি বাছি গান, কিতাপ, চিনেমাৰ লিষ্ট কৰি দিছে।

সেইবোৰ তাইৰেই আব্দাৰত যোগান ধৰি দিছে ঋষিয়ে।

ঘৰখনৰ মানুহবোৰে তাই থকাত বেছ ভাল পাইছে।

দেওবাৰে দুপৰীয়া সকলোৱে বহি ভাত খাবলৈ লয়। এইখন ঘৰত সকলোৱে একেলগে বহি খোৱাৰ অভ্যাস, এই কথাটো ৰিমলীয়ে বিয়া হৈ আহিয়েই দেখি খুব  ভাল পাইছিল। সেই যে আগতে বিয়া হৈ যোৱা লগৰবোৰে তাইক সকিয়নী দিছিল, "বিয়াৰ পিছত লাষ্টত খাবলৈ পাবি, কোনেও খেয়াল নাৰাখিব", সেয়া ৰিমলীৰ ক্ষেত্ৰত মিছা প্ৰমাণিত হৈছিল।

তাই এনে এখন ঘৰ পাই সুখী হৈছিল।

কিন্তু এতিয়া এই মৰমৰ অতিশয্যাত তাইৰ নাকণি কাননি হয়। এই সময়ত সকলো খাবলৈ মন নাযায় তাইৰ, তথাপিও ঋষিহতে শাসন কৰিয়েই হওক বা মৰম কৰিয়েই হওক, তাইক অপছন্দৰ শাক-পাচলি ইত্যাদি চববোৰ খাবলৈ বাধ্য কৰে।

তাই খায়। বেবীটোৰ বাবে।

কিন্তু পেট ভৰাই খাবলৈ তাই বেয়া পায়। গাটো ভাৰ-ভাৰ, অলস-অলস লাগে। অথচ একেলগে বহি খোৱা মানুহ কেইটাৰ চকুৰ পৰা সাৰি যোৱাৰ উপায় নাই।

শাহুৱেক আৰু জেশাহুৱেকৰ খোৱা-বোৱাৰ বাচ, নিয়ম নীতিবোৰে তাইক অলপ বিপদত পেলায়।

আজি ভাতৰ পাতত আয়োজন ধেৰ। ৰিমলীয়ে কম বেছি পৰিমানে খাইছে।

ৰিমলীৰ কাঁহীখনত আৰু এহেতা ভাত দি শাহুৱেকে বোলে,
"খোৱা ৰিমলী, ভাত বেছিকৈ খালেহি বেবী হেলদি হ'ব, নোদোকা হ'ব।"

"আৰু এতিয়া তুমি এনেও দুটা মানুহৰ ভাত খাব লাগে।" দেওবাৰ বুলি মাকৰ ঘৰলৈ অহা অসীমায়ো যোগ দিয়ে।

ৰিমলীয়ে সেমেনা সেমেনি কৰে। এপেট ভাত তাই খাব নোৱাৰে। অভ্যাস নাই। বহু দেৰিলৈ পেটটো জথৰ মাৰি থাকে।

বৌয়েকৰ অস্বস্তিখিনি দেখি তৃষাই টেপেক কৈ মাত লগালে,

"জেঠাই বেছি ভাত খালে বেবী হেলদি হব বুলি কোনে ক'লে তোমাক? নোদোকা মানেই হেলদি নহ'বও পাৰে।"

জেঠায়েকে বোলে,
"শকত-আৱত, স্বাস্থ্যবান বেবীয়েইতো ভাল আক', কি খন নো কৱ?"

"উহু। নৰমেল ওজনৰ শিশু এটাও পুৰা হেলদি হ'ব পাৰে। লোদোৰ পোদোৰ বেবীতকৈ স্বাস্থ্যবান হোৱাতো ম'ৰ ইম্পৰটেণ্ট।"

ডাক্তৰ বুলিয়েই তাইৰ কথা মন দি সকলোৱে শুনি থকা দেখি তৃষাই এইবাৰ হল-হলকৈ কৈ গ'ল,

"আৰু এই ভাততকৈ প্ৰটিন ভিটামিন থকা খাদ্যহে বেবীৰ বাবে জৰুৰী। যিমান ভোক, সিমান হে ভাত খাব লাগে। জোৰ জবৰদস্তি একোৱেই খাব নালাগে।"

"কিন্তু এতিয়াতো তাইৰ পেটত আৰু এটা জীৱ নাই জানো? একেখিনিকে খালে কেনেকৈ হ'ব অ'?"
জেঠায়েকৰ কৌতুহল।

"বেবীটো এটা ফিটাছহে, পূৰাপুৰি মানুহতো নহয়। গতিকে দুটা মানুহৰ খানা খোৱাৰ প্ৰয়োজন নাই জেঠাই, দেইলি তিনিশ কেলৰি মান বেছিকৈ খালেই হয়, আৰু সেইখিনি কেলৰি ভাত, মাছ-মাংস, শাক-পাচলি সকলো খোৱা বস্তুৰ পৰা মিলাই পোৱা যায়। হেলদি ডায়েট।"

তৃষাৰ কথাত ৰিমলীৰ শহুৰেকে আৰু ঋষিয়েও মূৰ দুপিওৱা দেখি শাহুৱেকে কথা নবঢ়ালে।

"জানো পায় তহঁতৰ আজিকালিৰ কথা।" বুলি চমুৱাই থৈ দিলে।

ৰিমলীয়ে সকাহ পালে।

তৃষাই কিন্তু কৈ গ'ল,
"সেইবুলি বৌ তুমি নোখোৱাকৈ নাথাকিবা কিন্তু, অকণ অকণকে হ'লেও ঘনাই খাবা দেই।"

ৰিমলীয়ে মিচিকিয়াই হাঁহিলে।
"য়েছ মেম।"

এই ছোৱালীজনীৰ কথা তাই পেলাব নোৱাৰে।

চেগ বুজি ৰিমলীৰ জেশাহুৱেক অসীমাই তৃষাক উদ্দেশ্যি ক'লে,
"তই ডাক্তৰণীজনী আছ ঘৰতে, ৰিমলীক অকণমান লিষ্ট এখন দি দেচোন, কি কি খালে বেবীটো ধুনীয়া, বগা-চগা হব? নহ'লে মাক-বাপেকৰ বৰণটোকে পাব!"

ৰিমলীৰ মনটো কোঁচ খাই গ'ল। আকৌ বৰ্ণ বৈষম্য!

তৃষাই বোলে,
"হাৰে, মাক-বাপেকৰ বৰণতো পাবই, যিয়েই নুখুওৱা লাগিলে। স্কিন কালাৰটো এটা জেনেটিক ট্ৰেইট, মানে জন্মগত ভাবে অহা বস্তু, ইয়াত খোৱা-বোৱা, নিয়ম-কাৰণে একো সলাব নোৱাৰে। মাক-বাপেক, ককাক-আইতাক ক'লা হলে তুমি লাগিলে গাখীৰতে গা ধুই থাকা, বেবী বগা নহ'ব।"

"থ থ তোৰ চব কথা নামানো দেই, আমাৰ অসীমাৰ ছোৱালীকণ ইমান বগা, মাক-বাপেকৰ ৰং ক'তনো পালে?" জেঠায়েকে তৃষাক মুখতে ধৰিলে।

কথাটো হয়। অসীমা আৰু তাইৰ স্বামী ত্ৰিদীপ কোনো এটা বগা নহয়। কিন্ত সিহঁতৰ ছোৱালী তিথিৰ গাৰ ৰং বগা। মাকে ক্ৰেডিট দিব খোজে গৰ্ভৱতী অৱস্থাত গিলাছে গিলাছে খোৱা কেশৰ মিহলোৱা গাখীৰ আৰু ক'লা জাতীয় বস্তু নোখোৱাৰ ওপৰত।

"ক'লোৱেই চোন ৰংটো জেনেটিক। তাই চাগৈ পৰিয়ালৰ কোনোবা বগা মানুহৰ জিনটো পাইছে। ইয়াত তোমাৰ খোৱা বস্তুৰ একো কেৰামতালি নাই।"

"সেইটো কিন্তু ময়ো পঢ়িছোঁ। গাৰ ৰং, চুলি এইবোৰ জেনেটিক বস্তু। আৰু সেইদিনা ডাক্তৰ মেমেও কৈছে এই সময়ত যি কোনো ভাল লগা স্বাস্থ্যকৰ বস্তুৱেই খাব পাৰি, ৰং-বৰণত কোনো প্ৰভাৱ নেপেলাই বোলে।"

ইমানপৰে নিশ্চুপ ঋষিয়েও ভনীয়েকৰ কথাত  উৎসাহ পাই হয়ভৰ দিলে।

"কিন্ত চাহ কফি খাবলৈ ডাক্তৰে নিজেই মানা কৰে চোন, মোৰ সময়ত কৈছিল নহয় ডাক্তৰে।" অসীমাৰ প্ৰশ্ন।

"কাৰণ চাহ কফিত কেফেইন থাকে। বেছিকৈ চাহ খালে গেছো হয়। কিন্তু পৰিমাণত সকলো বস্তুৱেই খাব পাৰি। চাহ নাখালে মূৰৰ বিষ হয়, কানীয়া লাগে, গতিকে অলপকৈ খোৱাত কি আপত্তি।"

"আৰু অসীমা বা, কেলৈ তুমিচোন তিথিৰ সময়ত খুব তামোল পকতিয়াইছিলা? মনত নাই?"

হয়। তামোল ভালপোৱা অসীমাই লুকাই চুৰকৈ হ'লেও তামোল এৰা নাছিল।

তাই ধেক ধেকাই হাঁহিবলৈ ধৰিলে। ভনীয়েকৰ কথাখিনি সঁচা। এই যুক্তি টলাব নোৱাৰি।

ৰিমলীৰ শাহুৱেকৰ মনটো অলপ সেমেকি গ'ল।

তৃষাই কোৱা কথাখিনি যদি সঁচা, তেন্তে কি এই বংশৰ বীজ ক'লা হৈয়েই থাকিব?

বগা নাতি এটালৈ যে তেওঁৰ হেঁপাহটো, কি হ'ব?

তৃষাই কথাটো বুজিলে। জেঠায়েকৰ মৰহি যোৱা মুখখন দেখি তাই দুখ পালে।

আবেলি বাৰাণ্ডাত বহি থকা জেঠায়েকক তৃষাই ধুনীয়াকৈ চাহ একাপ দিলেগৈ। মুঢ়া এটা টানি তায়ো কাষতে বহিল।

"জেঠাই, ক'লা-বগা, গাৰ ৰং মেটাৰ কৰে জানো? ময়োতো বগীজনী নহয়। কিন্ত তুমিচোন মোক লৈ সকলোৰে ওচৰত গৰ্ব কৰা, মই বোলে তোমালোকৰ নাম উজলাইছো।"

"আৰু ঋষিদা, অসীমা বা, ইহঁত বগা হোৱা হ'লে তুমি বেছি ভাল পালা হয় নে?"

জেঠায়েক নিৰুত্তৰ। কি নো ক'ব তেওঁ?

অসীমা, ঋষি আনকি তৃষা তেওঁৰ বুকুৰ এফাল। ইহঁতক কৰা চেনেহত বৰণৰ কথা নাহে।

তৃষাই এইবাৰ জেঠায়েকক মৰমেৰে বুজালে,
"ৰিমলী বৌক চোৱাচোন। ৰূপে-গুণে এনেকুৱা বোৱাৰী তুমি ক'তো নাপালা হয়। বৌৰ এইটো ফাৰ্ষ্ট বেবী, বগা হওক ক'লা হওক, আমাৰ সকলোৰে আদৰৰ নহ'ব জানো?"

হ'ব। এই সন্তান গোটেই ঘৰখনৰে আদৰুৱা হ'ব। সকলোকে মৰমেৰে আপোন কৰা মাক ৰিমলীৰ মৰমৰ সন্তান।

আহিবলগা কণমানিটোৰ কথা ভাবিয়েই হ'বলগীয়া আইতাকজনীৰ চকুহাল ভৰি আহিল।

তেওঁ হাঁহিলে।

"আমাক হেলদি বেবী এটাহে লাগে, আৰু বেবী হেলদি হবলৈ মাকজনী ফুৰ্তিত থাকিব লাগিব, নিজৰ ভাল লগা কাম কৰি, পছন্দৰ বস্তু খাই-বৈ থাকিব লাগে। তেহে।"

জেঠায়েকৰ মনটো অলপ মুকলি হৈ অহা দেখি তৃষাই অলপ ৰগৰ কৰি ক'লে
"গতিকে মেডাম জেঠাই, বেঙেনা-চাহ-গাখীৰৰ লিষ্টখন বাদ দিয়া আৰু।"

"লিষ্ট বাদ নিদিওঁ ৰ'। ৰিমলী অ' ৰিমলী, শুনিছা?"
শাহুৱেকে ৰিমলীক ৰিঙিয়াই মাতিলে।

দুৱাৰৰ সিপাৰে সকলো কথাৰ উমান লৈ থকা ৰিমলী ওলাই আহিল।

কাষৰ চকীখনত বহিবলৈ দি শাহুৱেকে তাইৰ হাতটো ধৰি ক'লে,

"আজি নতুন এখন লিষ্ট বনাবা। দুইজনীয়ে মিলি।"

ৰিমলী আৰু তৃষাই বুজি নাপালে। আকৌ কিহৰ লিষ্ট!

"আহিবলগীয়া কণমানিটোৰ নামৰ লিষ্ট আক'। কেইটামান ভাল নাম ময়ো ভাবি থৈছোঁ। ভৰাই দিবা।"

ৰিমলী অবাক।
তৃষাই হাঁহি পেলালে।

জেঠায়েকক জোকাও বুলি ক'লে
"পিছে জেঠাই, ল'ৰাৰ নাম নে ছোৱালীৰ নাম? তোমাক বা আক' কি লাগে?"

"দুয়োটা ভাবিবি। বেবী বেবীয়েই, নাতিয়েই হওক বা নাতিনিয়েই। ক'লাই বা বগাই হওক। আফটাৰ অল মোৰ মৰমৰ গ্ৰেণ্ড চাইল্ড।"

জেঠায়েকৰ গৰ্বিত উত্তৰ।

ৰিমলীয়ে শাহুৱেকৰ কান্ধত লাহেকৈ মূৰটো পেলাই দিলে। শাহুৰূপী মাকজনী তাই সঁচাই পালে তেন্তে।

তৃষা খুচ। তাইৰ নিজৰ মানুহবোৰ বুজন।

বাৰাণ্ডাত নামৰ টোপোলা মেল খালে। কমলা বুলিয়া বেলিটোৰ কোমল আভাৰে ভৰা আবেলিটো তিনিওজনী মানুহৰ মন খোলা হাঁহিত জীপাল হৈ উঠিল।

ৰূপালীম মহন্ত

বেংগালুৰু, কৰ্ণাটকা


পৃষ্ঠা ২৯

গল্পঃ

তোমালোক আহিবা জুই বিচাৰি


     খিৰিকীখন খুলি দিয়াৰ লগে লগে পশ্চিমৰ বতাহ এজাক হুৰমুৰকৈ সোমাই আহি কোঠালিটো সজীৱ কৰি আকৌ গুছি গৈছিল অহা পথে। তাই বহি আছিল আকাশলৈ চাই । নীলা আকাশ, ইমান নিৰ্মল! নিৰ্মল আছিল শিহৰণো। শৈশৱৰ পৰা একেলগে পঢ়া, ফুৰা, সাঁতোৰা, চাইকেল চলোৱা আদি। সৰুৰে পৰা শিহৰণ কবিতা প্ৰেমী আছিল। ভাল লগা কবিতাবোৰ লগে লগে মুখস্থ কৰি আবৃত্তি কৰিছিল। তাই ছবি আঁকে। কিন্তু তাইৰ হৃদয়ত আঁকা ছবিখন কোনোদিনেই নেদেখুৱালে। ভয় আছিল যদি সি অস্বীকাৰ কৰে। তাতকৈ এনেদৰে গোপনে নীৰৱে ৰখাই ভাল। শৈশৱৰ ভালপোৱা যৌৱনত প্ৰেমত পৰিণত হৈছিল কোনোদিনেই কোনো প্ৰস্তাৱ নকৰাকৈ। হৃদয়ৰ পৰা হৃদয়লৈ সংগোপনে। বহু বছৰ সিহঁতে একেলগে আছে, দুয়ো দুয়োৰে পৰিপূৰক হৈ। সি ফুটবল খেলিবলৈ গ'লে তাই চুইংগাম আৰু পানী লৈ হাজিৰ। প্ৰথম শাৰীৰ দৰ্শক।  তাই তাৰ ছাঁটোৰ দৰে থাকিব বিচাৰে। দুয়ো ঘৰৰ সম্পৰ্ক ভাল বাবে দুয়োৰে মিলামিছাত বাধা নাছিল। তাইৰ আজিও মনত পৰে, তাইৰ প্ৰথম পুস্পিতা হোৱাৰ দিনা তাইক এবাৰ চাবলৈ নাপায়  স্কুললৈ নাযাওঁ বুলি বাৰন্দাতে বহি আছিল। দেউতা - মায়ে হাজাৰ বুজোৱাটো সন্মত হোৱা নাছিল। পিছত উপায় নাপাই চিঞৰি চিঞৰি কথা পাতিহে স্কুললৈ গৈছিল। শৈশৱৰ অবুজ, পবিত্ৰ মৰম পিছত প্ৰেমৰ নাম লৈছিল। প্ৰেমৰ ফাল্গু সিহঁতৰ লাগিছিল। সপোন গাঠিছিল একেলগে একে বিষয়তে বিশ্ববিদ্যালয়ত পঢ়াৰ। বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ ৰং আকাশত দেখা। শাৰী শাৰী কৃষ্ণচূড়াৰ তলে তলে হাতত নোটবুক লৈ গৱেষনাৰ বিষয় বস্তুৰ কথা পতাৰ। শুক্ৰেশ্বৰ ঘাটত  বহি দুৰলৈ মহাবাহু ব্ৰহ্মপুত্ৰক চোৱা, কিন্তু সপোন ভাঙিবলৈ বেলি নালাগিল। নদীৰ পাৰলৈ গৈ নীৰৱ হৈ বহি থকা শিহৰণ, কবিতা ভাল পোৱা ল'ৰাটো কেতিয়ানো বন্দুকৰ প্ৰেমত পৰিছিল তাই গমেই নাপালে। বি, এ, ৰ পৰীক্ষাৰ মাজতে নাইকিয়া হ' ল শিহৰণ, মাকলৈ চিঠি লিখি। সি লেখিছিল নিষিদ্ধ সংগঠত যোগদান কৰা, দেশ মাতৃক স্বাধীন কৰা, দেশৰ ভাই ভনীৰ দুখ আতৰাবলৈ  হাঁহি হাঁহি মৃত্যুক বৰণ কৰিবলৈ। তাই নিৰীক্ষণ কৰিছিল তাৰ এই পৰিবৰ্তন। কিন্তু এবাৰো ভবা নাছিল তাইক এষাৰ মাত নিদিয়াকৈ এনেদৰে যাব। খবৰটো পোৱাৰ পিছত তাই বুকুখন খেপিয়াইছিল, কিবা এটা হেৰুৱাৰ যন্ত্ৰনাই তাইক বাকৰুদ্ধ কৰিছিল। সময় আগুৱাই নিজৰ গতিত.. সময়ৰ সতে জীৱন আগুৱাই। তায়ো লাহে লাহে স্বাভাৱিক হৈছিল। শিহৰণ বিহীন অৰুনিমা অকলে কৃষ্ণচূড়াৰ দেশৰ পৰা বিশ্ববিদ্যালয়ৰ প্ৰমান পত্ৰ লৈ আহি স্থানীয় মহাবিদ্যালয়ত কৰ্মৰত। এই সুদীৰ্ঘ সময়ত শিহৰণ নামৰ তাইৰ হৃদয়ৰ মানুহজনৰ কোনো খবৰ নাপালে। সুধিব বা কাক.? বুকুত বান্ধি ৰখা ফটোখন চাই চাই তালৈ বাট আছে সেই বিশ্বাসত যে এদিন সি আহিব। তাৰ কবিতা আবৃত্তি কৰি কৰি তাৰ সান্নিধ্য বিচাৰে.... নকলেও বুজিব লাগিব মোৰ কবিতা, 
প্ৰতিটো কবিতা একোটা বিপ্লৱ, দুঃসাহসিক আলোড়ন , বিচাৰিলেই পোৱা যাব উষ্ণ মাটিৰ সতে সঘন ক্ষয়িঞ্চু নাঙলৰ সিৰলুত হালোৱাৰ কঠিন হাতৰ মুঠিত পৃথিৱীৰ বন কৰি খোৱা মানুহৰ পিঠিত। তাইৰ হৃদয়ত লিখি লৈছিল শিহৰণৰ কবিতা। প্ৰকাশ নকৰিলেও তাই বুজে তাৰ সীমাবদ্ধতা। তাইক বুকু ভৰি ভাল পাইছিল বাবে সন্মুখীন হ'ব নোৱাৰিলে তাইৰ। কাৰণ তাই জেদ কৰিলে হেতেন তাৰ লগত যোৱাৰ। তাই বিচলিত নহ' ল। তাৰ আদৰ্শৰে সমাজৰ মাজত থাকি কাম কৰি যোৱাৰ পন কৰিলে। সি পাহাৰে ভৈয়ামে ঘুৰি ঘুৰি কাম কৰক বন্দুকেৰে। তাই কলমেৰে  বিপ্লৱ কৰিব। কবিতা লিখিব লৈছিল। প্ৰতিষ্ঠিত হৈছিল সুকবি বুলি। দিনবোৰ বাগৰি গৈ  থাকিল। সিহতৰ প্ৰেম ব্যক্তিৰ পৰা সমাজলৈ ব্যাপক হৈছিল। মনৰ দুৱাৰ খোল খাইছিল দেশ মাতৃৰ বাবে। 
      প্ৰচণ্ড ধুমুহা বতাহ। কো কো শব্দ।  কাচৰ খিৰিকী বোৰে শব্দ কৰি জোকাৰি আছিল। বতাহ ধুমুহাৰ বাবে লাইট গৈছিল। চৌ দিশ অন্ধকাৰত ডুব গৈছিল। বিজুলীৰ ঢেৰেকনি চিকমিক পোহৰত দেখিলে দুটা চকুৱে তাইক চাই আছে। ক্ষন্তেক সময় তভক মাৰি থাকি মম এডাল বিচাৰি আনি জ্বলাই কোঠাটো ক্ষণ পোহৰ কৰি তুলিলে। তথাপি তাইৰ বুকুৰ ধপধপনি চলি থাকিল। তাই চিনি পাইছিল চকুজুৰি। সেয়া শিহৰণ। শিহৰণ আহিছে ধুমুহাৰ সুবিধাত তাইক লগ কৰিবলৈ। লাহে লাহে দুৱাৰত টক্ টক্ শব্দ হ'ল। তাই মানসিক ভাৱে প্ৰস্তুত হৈছে বাবে দুৱাৰ খুলি দিলে। এজাক বতাহ সোমাই আহিল শিহৰণৰ সতে। বতাহত মমডাল নুমাই থাকিল। শিহৰণে তাইক বুকুলৈ চপাই ল' লে। তায়ো আলফুলে সোমাই গ'ল তাৰ বাহু বান্ধোনত । বহু  আকাংক্ষিত ক্ষণ এটা এই মূহুৰ্ত তাইৰ হাতৰ মুঠিত। কুৰুকি কুৰুকি তাই তাৰ বুকুত সোমাই থাকিল। মাত্ৰ কেইটামান মূহুৰ্ত। দুৱাৰত টোকৰ পৰিল। সি তাইক বাহু বান্ধোনৰ পৰা এৰুৱাই যাব ওলালে। বাধা দিলেও এই শক্তি কেতিয়াও নামানে, তাই ফুচফুচাই সুধিলে আকৌ কেতিয়া আহিবা শিহৰণ? সুবিধা পালে আহিম তোমাৰ কাষলৈ সোণ। যেনেকৈ আহিছিল তেনেকৈয়ে গুচি গৈছিল শিহৰণ এজাক বতাহৰ সৈতে। বহু বছৰৰ পিছত 
সেইদিনা তাইৰ ভাল টোপনি আহিছিল। 
পুৱা তাইৰ সকলো নতুন নতুন লাগিছিল।  এটা নতুন উৎসাহে তাই উৎসাহিত কৰিছিল। আন্ধাৰতে থৈ যোৱা কবিতাৰ টোপোলাটো খুলি পঢ়িবলৈ ধৰিলে। নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস.. তিনিদিন পিছত খবৰ পাইছিল পথাৰত শিহৰণৰ গুলিবিদ্ধ মৃত শৰীৰ পৰি আছে। খবৰটো মাকে তাইক দি বাহিৰৰ পৰা হুক মাৰি দিছিল। তাই পৰিস্থিতি চম্ভালি ল'ব পৰা নাছিল। হুক হুকাই কান্দিছিল। তাই জানিছিল যি কোনো সময়ত সেই খবৰটো পাব পাৰে বা কেতিয়াবা কোনো খবৰ নোপোৱাকৈ আজীৱন অপেক্ষা কৰাতে যায়। সুদীৰ্ঘ সময় বিচ্ছেদৰ পিছত তিনি দিন আগত লগ পোৱা তাৰ বুকুৰ উম এতিয়াও সজীৱ হৈয়ে আছে। এয়া কি হৈ গ' ল। কিবা নতুন আশা বুকুলৈ আহিছিলহে! সেয়াই প্ৰথম আৰু শেষ দেখা শিহৰণৰ লগত। তপত হুমুনিয়াহটো বিয়পি পৰিছিল কোঠাটোত । তাই শিহৰণে এৰি যোৱা কবিতাৰ টোপোলাটো বৰ জোৰেৰে সাৱটি ধৰি থাকিল। 
          শিহৰণ স্বদেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি পাহাৰে পাহাৰে ঘুৰি ঘুৰি আহি শেষ শয়ন অসমী আইৰ কোমল কোলাত শুলে। সি হৃদয়েৰে দেশক ভাল পাইছিল। স্বদেশৰ প্ৰতি অপৰিসীম ভাল পোৱাই মৃত্যুভয়হীন. অনমনীয় দৃঢ়তা দান কৰা  শিহৰণৰ আত্মাৰ মৃত্যু হ'ব নোৱাৰে। সি জীয়াব তাৰ সৃষ্টিত। তাৰ কবিতাবোৰ কিতাপ আকাৰত মানুহৰ মাজলৈ এৰি দিব। সি জীয়াব এটি জীৱন্ত বিপ্লৱ হৈ তাৰ কবিতাৰে। 
     তাৰ আদ্য শ্ৰাদ্ধৰ দিনা তাৰ কবিতাই কিতাপ ৰূপে মানুহৰ মাজত গৈছিল। শিহৰণ নামৰ বিপ্লৱী জন সোমাই গৈছিল এজাক কবিতা প্ৰেমিৰ মাজত। 
 তাৰ কবিতা আবৃত্তি কৰিছিল... দশ
এদিন সূৰ্যৰ ফালে চাই কথা ক'বলৈ' 
তোমালোকেও এদিন মোৰ ওচৰলৈ জুই 
বিচাৰি আহিবা....

হিৰণ ভূঞা, মুম্বাই
৮৮৯৮৬২০৮৩১


পৃষ্ঠা ৩০
গল্পঃ

দুখৰ ডেউকাত সুখৰ আলিংগন


(এক)

ৰাতি দুই এজাক বৰষুণ দিছিলে যদিও ৰাতিপুৱা সূৰ্যৰ কিৰণত  দুবৰীৰ দলিছাৰ ওপৰত  সিঁচৰতি হৈ থকা ,বৰষুণৰ টোপালবোৰ জিকমিকাই উঠিল। হাতত চাহৰ কাপটো লৈ নীলকমল দত্তই বাতৰি খনত চকুফুৰালে,দ্বিতীয় পৃষ্ঠাত মেলিয়েই দেখিলে কণ কণ শিশুবোৰে বৰষুণত তিতি কাগজৰ নাওঁ খেলা সেই অপৰূপ দৃশ্যটো।কিছুসময় ভাবপোষক দৃষ্টিৰে চোৱাৰ পিছত হুমুনিয়া এটি মাৰি বেতেৰ চকী খনত বহি পৰিলে 
মনৰ ভিতৰতে খুন্দিয়াবলৈ ধৰিলে অতীতৰ কথাবোৰে ..........। নীলকমল দত্তই মনটোক ধৰি ৰাখিব নোৱাৰিলে উৰা মাৰিলে অতীতৰ দিশে।
এটি দৰিদ্ৰ পৰিয়ালৰ আধি মাটি খেতি,দিন হাজিৰা কৰি সন্তানক পোহপাল দিয়া মাক দেউতাকৰ এজন ককায়েক আৰু এজনী বায়েক মাজত নোমলীয়া পো নীলকমল বৰা।

দৰিদ্ৰতাই ৰাজহাড় বেঁকা কৰা পৰিয়ালটো দুবেলা দুমুঠি খাই চলি আছিলে,হঠাৎ মিছা অপবাদৰ দুখৰ পাহাৰৰ খন খহি পৰিলে পৰিয়ালটোৰ মূৰৰ ওপৰত। নীলাকমলৰ মাক অৰ্থাৎ মলতি দত্তৰ পৰ - পুৰুষৰ লগত সম্পৰ্ক থকা বুলি এটি ভিত্তিহীন বদনামৰ ভাৰ জাপি দিয়ে,আৰু ৰাইজৰ পৰা এঘৰীয়া কৰে। অসহায় পৰিয়ালটোৰ বিননী শুনোতা কোনো নাই,স্বাৰ্থপৰ সমাজখন ব্যস্ত বদনাম জাপি দিয়াত।স্কুলত গুৰুত্ব নিদিয়ে সকলোৱে ঘিণা দৃষ্টিৰে চাই। অসহায় পৰিয়ালটো ভাগি পৰিল ,নীলকমল দেউতাক অৰ্থাৎ ভোগেশ্বৰ দত্তই আঁঠুয়ে আঁঠুয়ে ছোঁচৰি ৰাইজৰ শৰণাপূৰ্ণ হৈ ৰাইজ একত্ৰিত কৰিলে হৰিমন্দিৰত ।বিচাৰ আৰম্ভ হ'ল :-
ৰাইজৰ(বেথাৰাম ভৰালী):- মালতী তই দোষী বুলি ৰাইজে তোক পুৰুষৰ লগত সম্পৰ্ক আছে বুলি জানিব দিছে।তই ভাগৱত ধৰি শপত খাই ক ? সেই মানুহজন অৰ্থাৎ ফৰিউদ্দীন আলি লগত সম্পৰ্ক থকাৰ কথা?
মালতী:-(ভাগৱত ধৰি) স‌ইত স‌ইত তিনি স‌ইত; ৰাইজ ফৰিউদ্দীন আলি আমাৰ ঘৰলৈ অহাটো হয়, কিন্তু ৰাইজ তাৰ লগত কোনো সম্পৰ্ক নাই মোৰ। সি আমাৰ ঘৰলৈ আহে কাৰণ তাৰ গৰুহাল আমাৰ ঘৰত খেতি কৰিবলৈ দিয়া আছে।বন্ধুত্ব কাৰণে আহ যা আছে,মোৰ স্বামীৰ লগত আগৰে পৰা ভাল বন্ধু।
ৰাইজ (বিদ্যাধৰ নেওগ):-ভোগেশ্বৰ তই কচোন মালতীক কেতিয়াবা অপকৰ্ম লিপ্ত হোৱা দেখিছ নে? আৰু ফৰিউদ্দীন লগত তোৰ আৰু তেওঁৰ ঘৈণীয়েৰৰ কি সম্পৰ্ক আছে?
ভোগেশ্বৰ:-স‌ইত স‌ইত তিনি স‌ইত; ৰাইজ আমি দুখীয়া মানুহ হব পাৰো।কিন্তু সদায় সত্য পথত থাকি দুবেলা দুমুঠি খাই আছোঁ লৰা ছোৱালী কেইটা লৈ ,মই নিজে মতাটোয়ে আজিলৈকে আকৌ বেয়া কামত লিপ্ত হোৱা দেখা নাই।বাহিৰ ৰাইজে নো কত দেখিলে হয়। ফৰিউদ্দীন মোৰ বন্ধু, তাৰ গৰুহালৰ যহঁতেও ধান মুঠি পাই কোনোমতে ,হাজিৰ কৰি পৰিয়ালটো পুহি আছোঁ।এনে মিছা অপবাদ নিদিব ৰাইজ।এয়া ঘোৰ অপৰাধ, ভগৱানে সব দেখি আছে,মই যদি ভুল কৰিছোঁ মোক চিন দেখুৱাব।ৰাইজ হাত যোৰ কৰি মিনতি কৰি কৈছোঁ।মোৰ মাইকী চৰিত্ৰহীন নহয়।
ৰাইজ(মুহেধৰ শইকীয়া): ফৰিউদ্দীন,তোৰ কি সম্পৰ্ক আছে ভোগেশ্বৰ ঘৈণীয়েকৰ লগত?
ফৰিউদ্দীন:সত‍্য সত‍্য তিনি সত‍্য; ৰাইজ মালতীৰ লগত মোৰ কোনো সম্পৰ্ক নাই, ভোগেশ্বৰ মোৰ লগত আগৰে পৰা বন্ধু ,আৰু মোৰ গৰুহাল তাক খেতি কৰিৱ দিয়া আছে, আৰু মোৰ ভাগিনজনীৰ ভোগেশ্বৰ জীয়েকৰ সমবয়সীয়া সেইবাবে সিহঁতেও( ভোগেশ্বৰ লৰা-ছোৱালী) মোক মামা বুলি সম্বোধন কৰে।লৰা-ছোৱালী কেইটাৰ মৰম আৰু বন্ধুৰ স্বাৰ্থত ,অহাযোৱা কৰোঁ। ৰাইজ আল্লা শপত খাই কৈছোঁ ,বেলেগ আৰু একো সম্পৰ্ক নাই।

(দুই)

তেনেতে নন্দৰাম দাইটিয়ে শনিৰাম ,চন্দ্ৰশ্বৰ হঁতলৈ উদ্দেশ্যি কয় :-তহঁটি মখাই মালতীক অপকৰ্মত লিপ্ত হোৱা দেখিছিলি নে? ?
 চন্দ্ৰশ্বৰ:- নাই দেখা। কিন্তু ..মালতী বেবেচাৰী,তাই দোষী তাইক ৰাইজে উচিত শাস্তি প্ৰদান কৰক। 
বাহিৰৰ পৰা কেইবাজনেও চিঞৰি কলে তাইক শাস্তি দিয়ক ,চৰিত্ৰহীন মানুহৰ আমাৰ সমাজত কোনো স্থান নাই।
         কথাষাৰ শেষ নহওতেই খেলৰ মূৰব্বীজন (পাঠেক) উঠি গুচি যায়। ৰাইজে মূৰব্বী নোহোৱাকৈ বিচাৰ কৰিব নোৱাৰোঁ বুলি কৈ সকলো ঘৰা-ঘৰি গল।
                     কিছুদিনৰ পিছত আকৌ ভোগেশ্বৰ দত্তই ৰাইজৰ শৰণাপূৰ্ণ হৈ ৰাইজ একত্ৰিত কৰিলে হৰিমন্দিৰত ।বিচাৰ আৰম্ভ হ'ল কিন্তু আজিও কোনো ধৰণৰ উচিত বিচাৰ নহল। নিৰাশা মনেৰে ভোগেশ্বৰৰ পৰিয়াল ঘৰমুৱা হল। ভোগেশ্বৰ দত্তই ভগৱান ওপৰত বিশ্বাস ৰাখি দিনেৰাতিয়ে ভগৱান এটাই প্ৰাৰ্থনা জনায় যে মই যদি সত্য পথত আছোঁ ,আপুনি এদিন নহয় এদিন চকু মেলি চাবই । নামঘৰত ভাগৱত পাতিছে,যদিও এঘৰীয়া ভোগেশ্বৰ পৰিয়ালটো নামঘৰৰ যাব পৰা নাই। লৰা-ছোৱালীকেইটাই কান্দিছে নামঘৰৰ যাব নাপায়।কিন্তু ভোগেশ্বৰ নিৰূপাই,হাতভৰি বান্ধি থৈছে ৰাইজে। 
নীলকমল;-(ভোগেশ্বৰ উদ্দেশ্যী)দেউতা আমিও নামঘৰৰ যাওঁ বলা?
ভোগেশ্বৰ:- বোপাই আমি যাৱ নোৱাৰিম নহয়।ৰাইজে আমাক এঘৰীয়া কৰি থৈছে।আমাৰ ঘৰৰ থাপনাতে চাকি জ্বলাই প্ৰাৰ্থনা কৰ গে যা।ভগৱান চবতে আছে।
নামঘৰৰ ভাগৱত পাঠ শুনিবলৈ যে পাইছোঁ ঘৰতে থাকি,কিমান যে আমাৰ ভাগ্য।
নীলকমল:-দেউতা,ভগৱানে দুখীয়া মানুহক কিয় ইমান কষ্ট দিয়ে? দেউতা মই পঢ়িশুনি ডাঙৰ মানুহ হম।
ভোগেশ্বৰে পুতেকৰ কথাবোৰ শুনি গল।মুখেৰে এষাৰকথাও যে ফুটি নাহিল।
নীলকমল:-দেউতা দুখীয়া হোৱাটো পাপ নি? আৰু শুনা লগৰবোৰে মোক জোকাই এঘৰীয়া কৰা মানুহক ভাও গাব নিদিয়ে বুলি।মোৰ মনটো বহুত বেয়া লাগে।
ভোগেশ্বৰ মুখৰ মাত হেৰাল।কি কব লৰাটোক এতিয়া।
উপাইহীন হৈ ধমকি এটা দিলে তহঁতি পঢ়িব গলি নে।মই এছাৰী নলওটে।
ঠিক সেইদৰে ঊনৈছখন মিটিং মৰাৰ পিছত ভগৱানে পৰিয়ালটোৰ ওপৰত চকু মেলি চালে। বিচাৰ আৰম্ভ হল:-
মুহেধৰ শইকীয়া:-মালতী তোৰ ওপৰত ৰাইজে আকৌ প্ৰমাণ নাপালে, তই নিৰ্দোষী হ'লি।তই এতিয়া পৰিয়ালসহ ৰাইজৰ আগত এশ -এটাকা দি আঁঠু ল।
তেনেতে শনিৰাম ,চন্দ্ৰশ্বৰ ,নন্দৰামহতে চিঞৰ বাখৰ লগালে।ৰাইজ মালতী নিৰ্দোষী বুলি প্ৰমাণিত নহল যদিও তাই সঁচা যদি নিৰ্দোষী তেনে ভগৱাতত হাত থৈ কথা দিব লাগিব।  মই দোষী নহয় নিৰ্দোষী ,যদি ভগৱানক লুকুৱাই মই মিছা মাতিছোঁ তেনে মোৰ দৃষ্টি শক্তি  নোহোৱা হব।সেইবুলি শপত খাব লাগিব ।তেতিয়া হে আমি মানি লম তাই পবিত্ৰ নিৰ্দোষী বুলি।মিছা হলে ভগৱানে এনেও চিন দেখাব।
কথামতে মালতীয়ে শপত খালে,"মই যদি কিবা ভুল কৰিছোঁ মোক ভগৱানে দৃষ্টিশক্তি কাঢ়ি চিন দেখুৱাব।এইবুলি শপত লৈ সহ পৰিয়ালে ভগৱন্তৰ চৰণত আঁঠু ললে।
মোৰৰ ওপৰত আকাশ খনে দোষীৰ কলাডাৱৰ আঁতৰাই নিৰ্দোষীৰ পোহৰাই বিলালে ।আনন্দমনে ভোগেশ্বৰৰ পৰিয়াল ঘৰলৈ আহিল।

(তিনি)

তেনেদৰে সুখে-দুখে দিনবোৰ পাৰ হব ধৰিলে এটা এটাকৈ ডাঙৰ লৰা-ছোৱালী মেট্ৰিক পাছ কৰিলে।ডাঙৰ লৰাটো(লাটু) উচ্চতৰ মাধ্যয়মিক পৰীক্ষাত  সুখ্যাতিৰে পাছ কৰি প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰিছে,আৰু ছোৱালীজনীয়ে(প্ৰেৰণা) B.Aপাছ কৰি বেংকৰ পৰা লোণলৈ কোচিংচেণ্টাৰ খুলিলে। ভোগেশ্বৰ বৰাৰ আনন্দত সীমা নাই।দৰিদ্ৰতাই ৰাজহাড় বেঁকা কৰা পৰিয়ালটোলে আশাৰ কিৰণ নামিছে। জোনাকী পৰুৱাৰ নিশা আকাশত তৰাৰ সৈতে  আনন্দৰ বুটা বাচিছে।
           ভগৱানো যেন বৰ নিষ্ঠুৰ ,দুখীয়াৰ সুখ বেছি চাই থাকিব নোৱাৰে।জোনাকী পৰুৱাৰ নিশা আকাশত তৰাৰ সৈতে  আনন্দৰ বুটা বচা পৰিয়ালটো লৈ দুখঃৰ পাহাৰখন খহি পৰিলে। 
              ডাঙৰ লৰা লাটুৰ বেমাৰ ,এপিনে পানীবাৰিষা।অহাযোৱা কৰিবলৈ পথ আচল,গাড়ীটো বাদেই খোজেৰে যাবলৈও টান।গধূলিও হৈ আহিছে লৰাটোৰো বেমাৰ হস্পিতেল নিনিলে নহয়। উপায় নাপাই ভোগেশ্বৰে গাঁৱৰে দুইচাৰিজন মানক লৈ নাৱেৰে হস্পিতেলত ভৰ্তি কৰালে। হস্পিতেলত ডাক্তৰ নাই।ৰাতিপুৱা হে আহিব।নাৰ্চে ইঞ্জেকচন দিলে।দুখঃৰ ৰাতি যে নাযায় নোপোৱাই। মালতীৰ লাটুৰ বিচনাখনতে ধৰি টোপনি গল।
ৰাতিপূৱালে ডাক্তৰ আহি চালেহি। X-ray,ultrasoundৰ 
লগতে আৰু দুইএটা পৰীক্ষা কৰাব দিলে। আবেলি ডাক্তৰে ৰেপৰ্ট চাই কলে:- আপোনাৰ লৰাৰ জণ্ডিচ হৈছে কেইদিনমান ইয়াত ভৰ্তি কৰাব লাগিব ।
ভোগেশ্বৰ ,মালতী একেলগে:- ছাৰ, আমাৰ লৰাটোক বছাওক, আপোনাৰ ভৰিতেই ধৰিছোঁ।আমি দুখীয়া,পঢ়া শুনা নাইকিয়া মানুহ,আপুনি দয়া কৰি লৰাটোক জীৱন দান দিয়ক।
ডাক্তৰ:- আপোনলোক অধৈৰ্য নহব ,মই যিমানখিনি পাৰো মোৰ ফালৰ পৰা চেষ্টা কৰিম ।বাকী ভগৱানৰ ওপৰত।
মালতী:- চেষ্টা নহয় ছাৰ,লৰাটোক জীৱন দান দিয়ক।
ডাক্তৰ:- ভগৱানৰ ওপৰত বিশ্বাস ৰাখকক ,সকলো ঠিক হৈ যাব।
তিনি সপ্তাহদিন হস্পিতেল ৰখাৰ পিছত ,সুস্থ হৈ লাটু ঘৰৰ পালেহি।আকৌ আগৰ ধৰে দিন বাগৰিব ধৰিলে।লাটুও কামৰ ঠাইলৈ গ'ল। 

(চাৰি)

        কিন্তু ভগৱানো যে বৰ নিষ্ঠুৰ ।বেমাৰে গৰাকা ঘৰৰ খন ভাল দৰে সজীৱ হব নৌপাওঁতেই আকৌ দুখঃৰ বুজা আহি মূৰত দেও দি নাছিলহি। এইবাৰ সৰু লৰাটোৰ বেমাৰৰ, পেট বিষ অসহ্য আৰ্টনাদ। ডাক্তৰৰ দেখুৱালে।ডাক্তৰে জানিব দিলে যে গল্ডবাল্ডাৰ হৈছে ।অপাৰেচন কৰিব লাগিব,তিনিদিনৰ ভিতৰত অপাৰেচন কৰাব লাগিব নহলে লৰা বচাব নোৱাৰিব । অপাৰেচন বাবে বহুত পইচাৰ প্ৰয়োজন,তাকো তিনিদিনৰ ভিতৰত। ভোগেশ্বৰে ভায়েক হতক সহায় বিচাৰিলে ,কিন্তু কোনেও সহায়ৰ হাত আগ নবহালে।
উপায় নাপায় ঘৰৰ গৰু হাল লগতে গাই গৰুজনী বিক্ৰী কৰিলে।নীলকমল স্কুলৰ ফালৰ পৰাও লৰা-ছোৱালীবোৰে পইচা তুলি সহায় কৰিলে।ডাঙৰ বোপা লাটুয়েও যিমানখিনি পাৰে দিলে। ভোগেশ্বৰ কেতিয়াবও ভাগি পৰা নাছিল। ভগৱানক এটাই কথা কৈছিল "তুমি এই অভাগীৰ পৰীক্ষা লৈছাঁ লোৱা,তুমি যদি সঁচাই আছা এদিন নহয় এদিন মোক চকু মেলি চাবা।" প্ৰভু ভগৱন্তৰ কৃপাত অপাৰেচন সুকলমে হ'ল।
এঘাৰদিন হস্পিতেল কটোৱাৰ পিছত ঘৰৰ আহি পালেহি।
দিন পাৰ হব ধৰিলে এইবাৰ প্ৰভু ভগৱন্তই যেন চকু মেলি চালে।ঘৰৰখন সজীৱ হব ধৰিলে। হেৰুৱাই যোৱা সম্পত্তিবোৰ আকৌ গুতালে।নিজা ববিয়কে এইবাৰ খেতি মাটি অকণো ললে। সৰু লৰা নীলকমল সুখ্যায়তিৰে স্নাতক ডিগ্ৰী লাভ কৰিলে। তাতকৈ আকৌ দুকুল আনন্দ লাভ কৰিছে । প্ৰেৰণাৰ বিয়া ঠিক হৈছে , লৰাজন হাইস্কুলৰ শিক্ষক। পৰিয়ালটো বৰ ভাল ,লৰাটো আৰু মাক বাপেক ভনীয়েক এজনী আছিলে বিয়া দিলে। অহা বহাগত প্ৰেৰণাৰ বিয়া এতিয়াও বিয়ালৈ মাজত চাৰিটা মাহ ।মালতীৰ গাত এতিয়াই তত নাই ,কিমান যে কাম, গামোচা লগোৱা ইত্যাদি ইত্যাদি।
        পিছদিনা আকৌ এটা ভাল খবৰ আহিলে। শুক্ল আকাশ ডাৱৰবোৰে ভোগেশ্বৰ পৰিয়ালটোৰ বাবেই যেন  আনন্দৰ পাপৰি বিলাইছে।নীলকমল  আৰক্ষী চকীৰ এছ ,আই পদত নিযুক্তি লাভ কৰিছে।
      হঠাৎ মোবাইলটো বাজি উঠিল ৰিং ৰিং ৰিং ৰিংকৈ।
উচপখাই উঠাদি উঠি নীলকমল দত্তই ফোনটো ৰেচিভ কৰিলে।
  :-  হেল্ল,নীলকমল স্পীকিং.........কোনে ক'লে?
:- হেল্ল ,ছাৰ মই  বাণীধৰ বৰুৱাই ক'লো। মোৰ কামটো হল নে ছাৰ?
:- অ বৰুৱা। আজি এবাৰ আপুনি থানালৈ আহি যাব।
:- হয় ছাৰ। 11মান বজাত যাম ,আপোনাক লগ পাম নে?
:-নিশ্চিয় ....... পাব.........।
:- ধন্যবাদ ছাৰ।
ফোনটো কাটি নীলকমল বৰা ভিতৰলৈ সোমাই গ'ল।

নীল প্ৰতিম বৰা
দূৰভাষ ৮০১১৫০৩৩২২


পৃষ্ঠা ৩১
চুটি গল্পঃ

মিথ্যাচাৰ

আদৃতা শিৱম
শিৱসাগৰ

মাজনিশা ৷ তাই সাৰ পায় আছে ৷ সিও ৷ তেওঁ এতিয়াও ঘৰ সোমোৱাহি নাই । শুই থকা কণমানিটোৰ মুখলৈ চাই কান্দো যেন চকুহাল তাই সামৰিব পৰা নাই ৷ ৰিং হৈ থকা ফ’নটো ৰিচিভ কৰি ৰৈ আছে তাই ৷ কোনেও কাকো একো নোকোৱাকৈয়ে সিহঁতে বুজিছে দুখবোৰ ৷ কষ্টবোৰ ৷ চকুপানীবোৰ ৷ সি গান এটা গাব খুজিছে পিচে ডিঙিত কিহবাই সোপা মাৰি বাধা দিছে ৷ তাইৰ শুনিবলৈ মন গৈছে তাৰ মাতষাৰ ৷ পিচে সেই মাতত যদি বাৰিষা নামে ! সিও কথা কোৱা নাই ৷ যেন মহাশূন্যৰ এপাৰে তাই , আনপাৰে সি ৷ নীৰৱতাৰ পলবোৰ বাগৰি গৈছে ৷ সি সাধু এটা সাজিব খুজিছে ৷ গলখেকাহি এটা মাৰি ডিঙিটো চাফা কৰি লৈছে ৷ আগৰদৰে সাজিব জনা নাই কথাবোৰ ৷ তথাপি কৈছে ,
: শুনচোন পুতলা 
: উম 
তাইৰ এই মাতটোত প্ৰশ্ৰয় থাকে ৷ তাৰ এনে লাগে তাৰ প্ৰশস্ত বুকুত মূৰ থৈহে কথা কৈছে যেন তাই ৷ দুহাতেৰে তাইৰ মূৰটো বুকুত সামৰি সি লিৰিকি বিদাৰি থাকিব খোজে তাইৰ দীঘল চুলিকোচা ৷ কল্পনাতে সি সামৰি লয় তাইক ৷ হুমুনিয়া এটা সৰিব খোজে তাৰ ৷ ৰৈ যাব খোজে মাত ৷ কথাবোৰে বাট হেৰুৱায় ৷ তাইৰ ওঁঠলৈ হাঁহি আনি দিব পৰা কাহিনী বিচাৰি সি হাবাথুৰি খায় ৷
: এবাৰ কি হ’ল জান’ ! 
: শুনি আছো ৷
: আমাৰ পুখুৰীত এটা ডাঙৰ শ’ল মাছ আছিল ৷ তাৰপাচত এদিন . . 
সাজি কোৱা কথাত ৰস পাই তাই খিল্‌খিলাই  হাঁহি দিলে তাৰ বুকুখন ভৰি থাকে ৷ কথাটো তাই কোনোদিনে নুবুজিলে ৷

তাৰ মাতত তাইৰ দুখবোৰ পাতলে ৷ ব্যৱসায়ৰ কামৰ এৰাব নোৱৰা ব্যস্ততা তাই ভালপায় বিয়া পতা মানুহটোৰ ৷ তাইক নিচুকাবলৈ , তাইৰ অভিমানৰ খবৰ ল’বলৈ সময়ৰ নাটনি ৷ তাক বিচাৰি ফুৰে তাই । অঘৰী মানুহটোক বিয়াৰ কথা কৈ কৈ আমুৱাইছে  ৷ সি বিয়াৰ নামেই নলয় ৷ হওতে সি তাইৰ তেজৰ সম্বন্ধৰ নহয় ৷ অথচ  দেউতাকৰ পাচতে তাক ৰাখে ৷ সিও জানে ৷ জানে বাবেই তাইক ক’ব নোৱাৰিলে : তই কাৰোবাক কথা নিদিয়া হ’লে আঙুলিৰ অনামিকাত ময়েই তোক পিন্ধালোহেঁতেন বুকুৰ হেঁপাহ ৷   

তাই মূক হৈ ৰয় ৷ তাৰ গাৰুৰ তলৰ ডায়েৰিখন এদিন আয়না হৈ উঠে ৷ তাই নিজ চকুৰে তাত দেখে তাক এৰি যোৱা  প্ৰেয়সীগৰাকীক। তাইৰ চকু , কাণ , নাক , চুলি ,  হাঁহিলে টোল পৰা গাল সকলোচোন তাইৰেই নকল ৷  সেইদিন ধৰি  তাই তাৰ অচিনাকি মানুহ এজনী হয় ৷ ৰাতিপুৱাৰ ফ’নটোত তাইৰ দাইলত তেল মৰাৰ সময়টো মিলি যায় ৷ সন্ধিয়া সন্ধিয়া তিতা দুচকুৰে মেচেজ লিখে : মাইনাক পঢ়ুৱাই আছো ৷ আৰু ৰাতি মানুহজন ঘৰ নোপোৱাকৈও তেওঁলৈ কফি বনোৱাৰ মিছা বাহানা এটা তাই অনায়াসে সাজিব পাৰে ৷ সি কি বুজিলে নুবুজিলে তাই নাজানিলে ৷ সেৰেঙা  হোৱা ফ’নকলবোৰৰ বাবে ৰোৱাতকৈ তাই আগবাৰীত পতা ফুলনিখনতে সোমাই থকা হ’ল ৷ ফুল গছবোৰৰ আগত উজাৰি দিলে তাই বুকুত শিল পিন্ধাৰ যন্ত্ৰণা ৷ ফুলবোৰ জক্‌মকাই ফুলি উঠিল ৷ মানুহে ৰৈ ৰৈ চালে ৷ কাকো নেদেখুওৱা দুখবোৰ তাই অকলে বুকুত সামৰি থ’লে ৷


পৃষ্ঠা ৩২
শিশু বিশেষঃ

শিশুৰ সৰ্বাঙ্গীন বিকাশত এখন ঘৰৰ ভূমিকা

      আজিৰ শিশু কাইলৈ দেশৰ ভবিষ্যত।শিশু এপাহ ফুলৰ দৰে যাক খুব আলফুলে যতন কৰি তোলা হয়।মাতৃ গৰ্ভত যেতিয়া শিশু এটাৰ স্থিতি আৰম্ভ হয় তেতিয়াৰ পৰাই কব নোৱাৰাকৈ সকলোবোৰ আয়ত্ত কৰে বুলি ভবা হয় ,আৰু যেতিয়া ভূমিস্থ হৈ পৃথিৱীৰ পৰিবেশৰ সৈতে মাক দেউতাককে প্ৰমুখ্যে কৰি পৰিয়ালৰ আন আন সদস্যৰ সৈতে চিনাকি হয় তেতিয়া সেই সময়ছোৱাত প্ৰতিজন শিশুৱে বহুখিনি মানসিক কষ্ট কৰিব লগা হয়।আৰু লাহে লাহে মানুহ চিনিপোৱা হয়, খোজ কাঢ়িবলৈ শিকে,সেই সময়কণতে পৰিয়ালৰ সকলো সদস্যই সংযত হোৱাটো অতীব প্ৰয়োজনীয়।
      আমি সকলোৱে জ্ঞাত যে শিশুৰ আয়ত্তকৰণ প্ৰক্ৰিয়া অতি প্ৰখৰ।এনে অৱস্থাত পৰিয়ালৰ ডাঙৰ মানুহৰ মুখত ওলোৱা অশ্লীল কথা বতৰা, বেয়া আচৰণ, কাৰোবাক উদ্দেশ্যি কোৱা কথাবোৰ অতি নিমিষতে সিহঁতে সলসলীয়াকৈ শিকি পেলাব পাৰে।যিবোৰে কেতিয়াবা অন্য ঠাইত বা ঘৰত হোৱা উৎসৱ পাবৰ্ণ, অতিথিৰ আগমনৰ বেলিকা ও সেইবোৰ আচৰণ প্ৰকট হৈ উঠা দেখা পোৱা যায়।তাৰ বাবে  দায়ী কিন্তু পৰিয়ালৰ সদস্য সকল।
        শিশুৰ শিক্ষাৰ ঘাই কঠিয়া তলি খনেই হৈছে ঘৰখন।দ্বিতীয়তেহে বিদ্যালয় খন।ঘৰুৱা পৰিৱেশ সুস্থ সবল হৈ থাকিলেহে, ঘৰুৱা সংস্কাৰৰ শোধন হলেহে বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা সফল হয় বুলি কব পাৰি।ঘৰ এখনৰ পৰিয়ালৰ মানুহবোৰৰ মন,কথা বতৰা চাল চলনৰ ওপৰতেই এজন শিশুৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ সাধন হয়।
   এখন বিদ্যালয়ত শিকিব নোৱাৰা অর্থাৎ বিদ্যালয়ত বিদ্যালয়ৰ পাঠৰ অন্তৰ্গত শিক্ষাৰ বাহিৰেও দুই এক এনে শিক্ষা এখন ঘৰৰ পৰা পোৱা যায় ,সেইয়া আন কতো পোৱা নাযায়।সেয়েহে আমি সকলোবোৰ সংস্কাৰ মুখী হবলৈ চেষ্টা কৰিব লাগে।প্ৰশ্ন মুখী শিশু এজনৰ উত্তৰ দিয়া ,নতুন কথাৰ সন্ধান কৰোৱা ,আদৰ মৰমেৰে সকলো সুন্দৰ কৰিবলৈ চেষ্টা কৰাটো মাক দেউতাকৰ লগতে আন সকলো সদস্য ৰে দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবো।আৰু এইখিনিতে আমি অনুভৱ কৰা উচিত যে ভাল বেয়াৰ বিচাৰ নকৰি শিশুক মানসিক ভাৱে উৎপীড়ন কৰাতকৈ কেনেকৈ শুদ্ধ পথেৰে পৰিচালিত কৰি নিম তাৰহে ব্যৱস্থা কৰিব লাগে।তেনে কৰিব নোৱাৰিলে শিশু এজন ধ্বংস প্ৰাপ্ত হয়।আমাৰ সমাজত এনে কিছুমান পৰিয়াল দৃষ্টি গোচৰ হয়, যে তেওঁলোকে কব নোৱাৰাকৈ শিশুটি বিপথে  যোৱাই নহয়  আন শিশুকো বেয়া কৰা দেখা যায়।বয়োজ্যেষ্ঠ সকলৰ আৰ্দশ এজন শিশুক  সৰুৰে পৰাই শিকাই নিয়াৰ সময় প্ৰতিটো পৰিয়ালৰ।শিশুৰ সৰ্বাঙ্গীন বিকাশ সম্ভব তেতিয়াহে হব যেতিয়া প্ৰত্যেক পৰিয়াল সকলো ফালৰ পৰা সংস্কাৰী হ'ব।
   সদৌ শেষত এখন সুস্থ সবল পৰিৱেশ বিৰাজমান হোৱা পৰিয়াল গঢ়ি তুলিবলৈ আমি সকলো দায়বদ্ধ হ'ব লাগিব।

ময়ুৰী ভট্টাচাৰ্য্য বৰুৱা
টীয়ক ৰজাবাৰী।


পৃষ্ঠা ৩৩

আমাৰ সংবাদঃ

অংকুৰণ প্ৰকাশনৰ ৬ খন গ্ৰন্থ উন্মোচন


১২ ফেব্ৰুৱাৰী:---অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাঙ্গণস্থিত ৰাধাকান্ত সন্দিকৈ ভৱনৰ সভাকক্ষত লৱ(ৰাজু) কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত যোৰহাটৰ অংকুৰণ প্ৰকাশনে প্ৰকাশ কৰা ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। শৰ্মীষ্ঠা বৰ্মনে লেখা "মোৰ ভ্ৰমণ ডায়েৰী" অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ডঃ অখিল চক্ৰৱৰ্তীয়ে, শিক্ষয়িত্ৰী কুৰালগুৰিৰ ৰাজশ্ৰী বৰাই লেখা "হেঁপাহৰ আবিৰ" শিক্ষয়িত্ৰী বন্দনা দত্তই, যোৰহাটৰ নাৰায়ণ চন্দ্ৰ ঘোষে লেখা "স্মৃতিৰ সঁফুৰা" কবি সাহিত্যিক দেৱেন তাছাই, মাজুলীৰ ত্ৰিবেণী পায়েঙে লেখা "জ্যোতি" গোপালদেৱ সেৱক সমাজৰ যোৰহাটৰ সম্পাদক সুৰেশচন্দ্ৰ হাজৰিকাই, লখিমপুৰৰ আকবৰ পায়েঙে লেখা "নৱ যুৱ সমাজঃ তেজস্বী কলম" মাজুলীৰ সাংবাদিক অৱসৰপ্ৰাপ্ত শিক্ষক কিশোৰী মোহন পালে আৰু মাজুলীৰ পদ্ম পেগুৱে লেখা "মোৰ মুক্ত চিন্তা" নামৰ গ্ৰন্থখন আমাৰ অসমৰ পশ্চিম যোৰহাটৰ প্ৰতিবেদক ৰমেন শইকীয়াই উন্মোচন কৰি বক্তব্য আগবঢ়ায়। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰ হেমেন নাথে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখন ডঃ অখিল চক্ৰৱৰ্তীয়ে ধূপ-দীপ প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। অংগন-ই আলোচনীখনৰ সম্পৰ্কত ৰূপজ্যোতি নাথে বক্তব্য আগবঢ়োৱা কবিতা পাঠ অনুষ্ঠান পৰিচালনা কৰে অৰ্চনা শইকীয়াই। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আহি সমবেত হোৱা সকলৰে সৌৰভ জ্যোতি দুৱৰা, ধন দাস, স্বেতা ছেত্ৰী, তেজস্বিনী বৰঠাকুৰ, ৰিতু ভৰালী, পংকজ দাস, অন্তৰীপ কাকতি, বুবুল শইকীয়া, আৰতী টুকুৰীয়া, আৰতী শইকীয়া, বিৰাজ দত্ত, প্ৰিয়ংকা কলিতা, চয়নিকা বৰুৱা, জোনা বৰঠাকুৰ, ৰাণুপ্ৰভা দত্ত, অঞ্জুমণি বৈৰাগী দত্তই স্ব-ৰচিত কবিতা পাঠ কৰে।অংকুৰণ প্ৰকাশনৰ উদ্যোগত অনলাইনযোগে আয়োজন কৰা নীলা খামৰ চিঠি প্ৰতিযোগিতাত যোৰহাটৰ বিশ্ব বৰুৱা, গোলাঘাটৰ নেইনা বৰঠাকুৰ, কাৰ্বি আংলঙৰ লক্ষ্যজিৎ শইকীয়াই, স্ব-ৰচিত কবিতা প্ৰতিযোগিতাত গুৱাহাটীৰ মধুমিতা বৰুৱা শইকীয়া, যোৰহাট টীয়কৰ ঋতুপৰ্ন দত্ত, শিৱসাগৰৰ পাৰ্থপ্ৰতিম নাথে, অংকুৰণ ৰঙালী বিহু মডেল প্ৰতিযোগিতাত শিৱসাগৰৰ কল্পদ্বীপ নাথ, যোৰহাট টীয়কৰ তছলিনা বেগম, দুলীয়াজানৰ পৰকাষ্ঠা শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয়কৈ স্থান লাভ কৰাত পুৰষ্কাৰ প্ৰদানৰ লগতে দৰ্শনত সৰ্বোচ্চৰ বাবে শিৱসাগৰৰ অনুষ্পা দেৱীক বিশেষ পুৰষ্কাৰ ১২ ফেব্ৰুৱাৰীত অংকুৰণ প্ৰকাশনৰ উদ্যোগত ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠ অনুষ্ঠানত পুৰষ্কাৰ প্ৰদান কৰা হয়। উল্লেখ্য, এইঅনুষ্ঠানত অনুপস্থিত বিজয়ীসকলক কাৰ্যালয়ৰ পৰা তেওঁলোকৰ পুৰস্কাৰ সমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনায়।

অৰ্চনা শইকীয়া
প্ৰতিনিধি, অঙ্গন
শিৱসাগৰ


পৃষ্ঠা ৩৪
 নষ্টালজিয়াঃ

এজনী  বান্ধবীৰ কথা

এক উথলি উঠা আবেগ,এখনি মুকলি  আকাশ যেন মন  , যি পুহি ৰাখে সদায় এক মোহনীয়া আন্তৰিকতা   !!  সেইজনীয়েই মোৰ বান্ধবী কাহানিও বিস্মৃতিয়ে ঢাকিব নোৱাৰা এক স্মৃতি  চামচুন নাহাৰ আহমেদ ....,!!

       সেইয়া আছিল ১৯৮৭চনৰ কথা । মই তেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সমাজতত্ব বিভাগৰ প্ৰাৰম্ভিক বৰ্ষৰ ছাত্ৰী। কোনোদিন ছাত্ৰীবাসত থাকি নোপোৱা মা- দেউতা ভাইটি হঁতৰ মাজত কটোৱা সেই সুমধুৰ দিনবোৰ এৰি আহি ছাত্ৰীবাসৰ চাৰিবেৰৰ মাজত দিক - বিদিক বিছাৰি নোপোৱা এটা আকলুৱা  মন! ৰেগিঙে থকা সৰকা কৰা অন্তৰখন কাৰোবাৰ অকণমান পুতৌ পালেই যেন দুখবোৰ কান্দোন হৈ ওলাই আহে.....,! সন্ধিয়া নামিলেই ছাত্ৰীবাসৰ পিছফালে থকা সৰু সৰু খেৰীঘৰ এটাৰপৰা ৰিণি ৰিণি ভাহি আহে হিন্দী গীতৰ সুৰ "পাত ঝৰে শাৱন বসন্ত বাহাৰ" মই যেন উৰি গুছি যাম নিজৰ আপোন ঘৰখনলৈ.......!   আমাৰ ছাত্ৰীবাসৰ ৩নং ফ্ল'ৰৰ ছোৱালী কেইজনীৰ মাজত বৰ মিলাপ্ৰীতি আছিল বিভিন্ন বিভাগৰ হ'লেও আমি যেন একেডাল সূতাৰে  বান্ধ খাই আছিলো সিঁহত কেইজনীৰনাম হ'ল ক্ৰমে অৰুন্ধতী গোহাই,অঞ্জনা গগৈ, ৰোহিনী গগৈ, নীতা ফুকন,দীপ্তি ময়ী ফুকন  শ্যামলী দত্ত ,সাগৰীকা গগৈ  দিপালী সন্ধিকৈ   আৰু মোৰ অতি মৰমৰ ৰুমমেট শিখা দত্ত   মই ক'ব বিছৰা ছোৱালী জনীৰ নাম   টো হ'ল চামচুন নাহাৰ আহমেদ ঘৰ শিৱসাগৰত। তাই ইতিহাস বিভাগৰ  ছাত্ৰী  আছিল। দেখাত বেছ ওখ , একোছা কঁকাললৈকে পৰা দীঘল চুলিৰে, সুগোল উজ্বল দুটি চকুৰে পাথান চেহেৰাৰ দৰে লগা ছোৱালীজনী  কোনোবা এখন গোপন দুৱাৰেদি যেন মোৰ হৃদয়ত সোমাই পৰিল তাইৰ কথা- বতৰা ,চাল চলন, ব্যৱহাৰ আদি কিছু যেন ব্যতিক্ৰমী আছিল আধ্যাত্মিকতাৰে সানি -পুতুকি কোৱা কথাবোৰৰ মাজত  যেন শিষ্টাচাৰ আৰু আত্মপ্ৰত্যয় লুকাই আছিল যিয়ে মোক ওৰেটো জীৱনৰ বাবে প্ৰভাৱিত কৰি ৰাখিছিল..,. !

 প্ৰতিদিনৰ দৰে সেইদিনাও চামচুনে মোৰ দুৱাৰত টোকৰ মাৰিছিহি ডাইনিং হললৈ চাহ বা ভাতৰ বাবে  একেলগে যাঁও আৰু সদায় মুখামুখিকৈ বহি আহাৰ গ্ৰহণ কৰোঁ মই লক্ষ্য কৰিছিলো তাই ভাতৰ থালখন হাতত লৈ চকুদুটা মুদি মুখেৰে অলপ কিছু বিৰবিৰায় তাৰপিছত খাদ্য গ্ৰহণ কৰে আঙুলীকেইটাৰে সুন্দৰকৈ সানি চাফা কৰি খাই শেষত আঙুলীকেইটা চেলেকি মোখনি মাৰে  মই সদায় খোৱা থালত ভাত এৰাৰ বদ অভ্যাস এটা আছিল সঁচা কথা ক'বলৈ গলে মই অলপ জুতি- বুদ্ধি বিছাৰিছিলোঁ সেইদিনা খোৱাৰ অন্তত তাই মোক ক'লে "ৰেখা  তুমি ৰুমৰ দৰজাখন নামাৰিবাচোন মই গৈ আছো তোমাৰ লগত কথা অলপ আছে মোৰ মনটো উৎকণ্ঠাৰে ভৰি পৰিল তাই আহি পোৱাত মই সম্ভাষণ জনাওঁতে আবদাৰ মিহলি সুৰত তাই ক'লে "ৰেখা আজি বহু দিনৰেপৰা তোমাক এটা কথা ক'ম বুলি ভাবি আছিলোঁ তুমি সদায়ে খোৱা আহাৰক অৱজ্ঞা কৰা মই দেখি বেয়া পাও কিয় জানানে আমি খোৱা আহাৰক আল্লাৰ অৱশিষ্ঠ বুলি ভাবিব লাগে তেতিয়া আহাৰত তৃপ্তি পোৱা যায়, এই ভাতৰ কাৰণে মানুহে   হাড়ভঙা পৰিশ্ৰম কৰে এটা ধানৰপৰা এটা চাউল হয়   অবাবত  খাদ্যবস্তু  নষ্ট কৰিলে আল্লাই বেয়া পায়" গুৰুগম্ভীৰ ভাবে কোৱা কথা কেইটাত মই  ঈশ্বৰতত্ব বিছাৰি পাই তাইলৈ শ্ৰদ্ধা উপজিছিল মোৰ স্বভাৱত সংশোধন আনিবলৈ কৰা তাইৰ তৎপৰতাত মই আপ্লুত হৈছিলোঁ আজিও মই খোৱাপাতত  সোঁৱৰো তাইক  !! নাজানো মোৰ প্ৰিয় সখী চামচুন আজি ক'ত বা আছেগৈ.. ..,, ক'ৰবাত চাগে মোৰ দৰেই ঘৰ- গৃহস্থী চম্ভালি আছেগৈ এবাৰ যদি হঠাতে ক'ৰবাত লগ পাই গ'লোহেতেন !!! মই আজিও  বাট চাই আছো আকৌ এবাৰ তাইক বুকুত আঁকোৱালি ল'বলৈ  বোৱাবলৈ দুধাৰি তপত অশ্ৰু..,......!!

ৰেখা বৰকটকী
যোৰহাট, ভ্ৰাম্য -৯৭০৬২২১০১১


পৃষ্ঠা ৩৫
চিত্ৰকল্পঃ


আঁকিছেঃ
তেজস্বিনী বৰঠাকুৰ
যোৰহাট

পৃষ্ঠা ৩৬
শেষ পৃষ্ঠাৰ লেখাঃ

অনুভৱৰ কাপেদি

মিনাক্ষী গগৈ, যোৰহাট
   ফোন নং ৭৬৩৬০৪৯৭৬৩

বৰ্তমান বিশ্বায়নৰ যুগত নেটৱৰ্ক এটা বিশাল শব্দ।যাৰ মাধ্যমেৰে মানুহ বহু আগবাঢ়ি যাবলৈ সক্ষম হৈছে।নেট মাধ্যমত  শক্তিশালী মাধ্যম ৰূপে পৰিচিত বৰ্তমান ছচিয়েল মাধ্যম।যাৰ মাধ্যমত ভাল বেয়া দুয়োটা দিশেই গঢ়ি উঠিছে।কাৰোবাৰ বাবে দুষ্টলোকৰ বেহা।সময়ৰ অপচয়।কিন্তু কাৰোবাৰ বাবে নিজকে বিকশিত কৰাৰ সুযোগ।""ভালে পায় ভালক,জাবৰে পায় খালক""আপ্ত বাক্যষাৰ অনুসৰি আমি নিজে কি কৰা উচিত সেয়া সদায় নিজৰ বিচাৰ্য্যৰ বিষয়।
            একান্তই ব‍্যক্তিগত অনুভৱত কিছু কথা লিখিবলৈ চেষ্টা কৰিছোঁ।ছচিয়েল মিডিয়াত জইন হৈ ভাবিছিলো  ইয়াত কেৱল ধুনীয়া ফটো তুলি নিজকে বিজ্ঞাপন দিয়াৰ এক আহিলানেকী।কিন্তু মোৰ চিন্তা ধাৰাক নসাৎ কৰি মই নিজকে উদ্ভাৱন কৰিলো বিচিত্র অভিজ্ঞতাৰে পুষ্ট ন ন লেখাৰুৰ কিছু সৰু সৰু গোট,য'ত বিভিন্ন সামাজিক, সাংস্কৃতিক বিষয়ত আলোচনা, গল্প,কবিতা, সাহিত্যৰ সমাহাৰ।বিশেষকৈ ছচিয়েল মিডিয়াৰ দুটা খুবেই জনপ্ৰিয় গোটৰ নাম লব ই লাগিব।""অৰ্ধ আকাশ"নামৰ এটা মহিলা গোট য'ত জয়শ্ৰী মেচ গগৈৰ নিস্বাৰ্থ পৰিচালনাত লাখৰো অধিক মহিলাই সাহিত্য চৰ্চাৰ লগত জড়িত হৈ পৰিছে।পাকঘৰত আবদ্ধ হৈ থকা মহিলাই নিজকে বিকশিত কৰিবলৈ সুযোগ লাভ কৰিছে।অন্য তম এটা গোট শ্ৰীমন্ত দত্ত পৰিচালনাত গঢ়ি উঠা ""অনুশীলন""নামৰ এক অনুষ্ঠান।য'ত বহুতো ন ন লেখকে আত্মপ্ৰকাশ কৰিছে।উৎকৃষ্ট লেখাৰ সৃষ্টি কৰিবলৈ এক সুযোগ প্ৰদান কৰিছে।তেনদৰে ছচিয়েল মিডিয়াত নতুনকৈ গঢ়ি উঠা ই-আলোচনী সমূহৰ ভূমিকা অত্যন্ত সুখদায়ক।কোনো পৰিশ্ৰমিক নোহোৱাকৈ নিস্বাৰ্থ ভাবে সাহিত্য চৰ্চাৰ এক উল্লেখযোগ্য স্থান সৃষ্টি কৰিছে।সম্পাদক সকলে বহু কষ্টৰ বিনিময়ত একোখন মাহেকীয়া, পষেকীয়া আলোচনী সম্পাদনা কৰি আহিছে। ছপা মাধ্যমৰ আলোচনীসমুহৰ লগত তেওঁ লোকে সমানেই উপযোগী কৰি তুলিছে।লেখা সমূহ উন্নত মানদণ্ডৰ।ন পুৰণি লেখকৰ লেখনিৰে সমৃদ্ধ।কোনো পইচা খৰচ নকৰাকৈ নেট মাধ্যমৰ যোগেদি এই ই-আলোচনী পঢ়িব পাৰি।মাত্ৰ লিংকটো খুলি লব লাগে।ইয়াৰ ভিতৰত অন্যতম এখন ই-আলোচনী হেমেন নাথৰ দ্বাৰা সম্পাদিত "অঙ্গন'"। আলোচনীখনৰ লগত মোৰ লেখাৰ জৰিয়তে জড়িত হৈ প্ৰতিটো সংখ্যা পঢ়ি আছো।আলোচনী এখন সৰ্বাংগ সুন্দৰ হবলৈ প্ৰয়োজনীয় আটাইবোৰ দিশ ইয়াত সন্নিবিষ্ট কৰিবলৈ চেষ্টা কৰিছে সম্পাদক ডাঙৰীয়াই।
       আমাৰ দৰে ন লেখাৰুসকলৰ বাবে এই মাধ্যম সমূহ এক উৎকৃষ্ট ঠাই।য'ত আমি আমাৰ সুপ্ত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছোঁ।আলোচনী এখনত লেখা প্ৰকাশ পোৱাৰ হেপাহ বোৰে পূৰ্ণতা পায়।এই লেখাৰ জৰিয়তে নিস্বাৰ্থ ভাবে ই-আলোচনী সম্পাদনা কৰি আমাৰ দৰে অল্পমতি সৰু সৰু অনুভৱ বোৰ প্ৰকাশৰ সুযোগ দিয়াৰ বাবে হেমেন নাথ ডাঙৰীয়া লৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো।


পৃষ্ঠা ৩৭


Post a Comment

0 Comments