অঙ্গন (১৭ নং সংখ্যা)

বেটুপাতঃ ১





পৃষ্ঠাঃ ২

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 ফেব্ৰুৱাৰী, 2021

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ ৫
গ্ৰন্থমেলাৰ বতৰ

২/ প্ৰৱন্ধ: ৬
ক/ চেকনি কোবোৱা ৰণ
খ/ ইতিহাস প্ৰসিদ্ধ পথৰুঘাটৰ স্বভাৱ কবি ধজৰ আলি আৰু তেওঁৰ সাহিত্যৰাজি
গ/ মাতৃসকলৰ সামাজিক দায়বদ্ধতা

৩/ ধাৰাবাহিক উপন্যাসঃ ৯
ক/ধুমুহাই ভঙা সপোন
খ/ অভিশ্ৰুতি

৪/ অণুগল্পঃ ১১
ক/ বিলাসিতা, খ/ মৰমৰ টোপোলা, গ/ অকৃতজ্ঞ, ঘ/ প্ৰতিক্ৰিয়া

৫/ এক মিনিটৰ গল্পঃ ১২
ক/  ধনীৰামৰ চিন্তা
খ/ মমতা

৬/ অনুবাদ কবিতাঃ ১৪
আদিম ভূ-দৃশ্য

৭/কবিতাঃ ১৫
ক/ বেলিফুলৰ এপিটাফ
খ/ বিষাদ বৈভৱ
গ/ জীৱন তৃষ্ণা
ঘ/ যুঁজাৰু
ঙ/ এটুকুৰা ৰঙা মঙহ
চ/ কাজিৰঙা
ছ/ ভগ্নী
জ/ হৃদয়ৰ পৰা হৃদয়লৈ
ঝ/ নাঙ্গঠ আমি আটায়ে
ট/ কষ্ট পায় সি
ঠ/ সুখ-দুখৰ অন্য নাম নাৰী
ড/জীৱন নামৰ বৈতৰণীৰ পাৰে পাৰে
ঢ/ বাজাও কেনেকৈ!

৯/ ভ্ৰমণ কাহিনীঃ ২৮
মোৰ ভ্ৰমণ ডায়েৰীঃ ১০
কাংগ্ৰা

১১/ গল্পঃ ৩০
ক। অস্তিত্ব, খ। পৰিচয়, গ। নিভঁজুৱা প্ৰেম

১৪/ শিশু সাহিত্যঃ ৩৩
শিশুৰ আত্মবিশ্বস গঠন

১৫/ গ্ৰন্থ আলোচনাঃ ৩৪
ক। এমুঠি জোনাক
খ। মোৰ ভ্ৰমণ ডায়েৰী

১৬/ চিত্ৰকল্পঃ ৩৬


১৭/ শেষ পৃষ্ঠাৰ লেখাঃ ৩৭
ব্যতিক্ৰমী চিন্তাঃ এক অনন্য শৈক্ষিক বিপ্লৱ

পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  Adrash, upashona।
ফটোঃ মিন্টু ভঁৰালী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।


পৃষ্ঠা ৫
সম্পাদকীয়ঃ

গ্ৰন্থমেলাৰ বতৰ

     এয়া গ্ৰন্থমেলাৰ বতৰ। অসমৰ বিভিন্ন স্থানত বৰ্তমান গ্ৰন্থমেলা চলি আছে আৰু বহুতো ঠাইত গ্ৰন্থপ্ৰেমী উদ্যোক্তাসকলে গ্ৰন্থমেলাৰ আয়োজন কৰিবলৈ যো-জা চলাইছে। বিগত বৰ্ষত কভিড-১৯ ৰ বাবে নিৰ্দিষ্ট সময়ত গ্ৰন্থমেলাৰ আয়োজন কৰিব পৰা নগ'ল বাবে এই বৰ্ষত জানুৱাৰী মাহৰ পৰাই গ্ৰন্থমেলাসমূহ চলি আছে।
     গ্ৰন্থমেলা মানেই কিতাপৰ বতৰ। কিতাপ পঢ়ি ভালপোৱা লোকসকলৰ বাবে অনাবিল সুখৰ পৰিৱেশ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে এবাৰ কথা প্ৰসংগত উল্লেখ কৰিছিল যে কিতাপ নপঢ়া জাতি এটাক কেতিয়াও গামোচাই ৰক্ষা কৰিব নোৱাৰে। অন্য অৰ্থত কিতাপেই হৈছে সভ্যতাৰ বাহক। মানৱ জাতিৰ সৰ্বতো প্ৰকাশৰ বিকাশত কিতাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এনে প্ৰেক্ষাপটত এটা জাতিৰ বাবে, এখন সমাজৰ বাবে গ্ৰন্থমেলাৰ প্ৰয়োজনীয়তা অপৰিসীম। সমীক্ষামতে, এই বৰ্ষত অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত গ্ৰন্থমেলাসমূহত কিতাপৰ বিক্ৰীৰ হাৰ বিগত বৰ্ষৰ তুলনাত কিছু ভাল। ইয়াৰ কাৰণ হিচাপে আমি কভিড ১৯ ৰ প্ৰভাৱৰ কথা কব পাৰোঁ। প্ৰায় সম্পূৰ্ণ এটা বছৰ সমগ্ৰ বিশ্বৰ মানৱ জাতি এই মহামাৰীৰ বাবে ঘৰতেই সোমাই থাকিবলগীয়া এক জটিল পৰিস্থিৰ সূচনা হল। এই গৃহবন্দী অৱস্থাত মানুহে প্ৰথমে বিভিন্ন সামাজিক মাধ্যমত অত্যাধিক সময় ব্যস্ত হৈ পৰিছিল যদিও লাহে লাহে তেওঁলোকে বুজি উঠিলে যে বাস্তৱত কিতাপ পঢ়াৰ আমেজ সদায়ে সুকীয়া। গৰিষ্ঠসংখ্যকে ঘৰত থকা কিতাপবোৰ এফালৰ পৰা গো গ্ৰাসে পঢ়িবলৈ ললে। এনেদৰে অজানিতে তেওঁলোকে কিতাপৰ মাজত সোমাই পৰিল। বহুতো প্ৰকাশনে মানুহৰ প্ৰয়োজনীয়তা বুজিব পাৰি ঘৰতেই কিতাপ যোগান ধৰিবলৈ ললে।
     এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। অসমৰ প্ৰতিজন নাগৰিকে কিতাপক সদায়ে আগস্থান দিয়ক, কণ কণ অকণিহঁতৰ হাতত ৰং বিৰঙৰ কিতাপসমূহ তুলি দিয়ক। দেখিব, এই সাধাৰণ কামটোৱেই এদিন আমাৰ জাতিটোক বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিব।
শেষত, সকলোলৈকে আহ্বান জনাইছোঁ—আহক, আমি সকলোৱে গ্ৰন্থমেলালৈ যাওঁ। গ্ৰন্থমেলাৰ বাকৰিত নিজৰ পচন্দৰ কিতাপ ক্ৰয় কৰোঁ আৰু সেই কিতাপসমূহ নিজে পঢ়াৰ লগতে আনকো পঢ়িবলৈ অনুৰোধ জনাওঁ।
হেমেন নাথ
সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 9678696861

পৃষ্ঠা ৬
প্ৰৱন্ধঃ

চেকনি কোবোৱা ৰণ

প্ৰণৱ ফুকন
নতুন দিল্লী, ফোন নংঃ ৮৮২৬৮০৩০৩০

চেকনি - এই শব্দটো শুনিলেই মনত পৰে গাঁৱৰ পঢ়াশালিৰ শিক্ষকজনলৈ যি সৰল অন্ত:কৰণেৰে বিশ্বাস কৰিছিল এশাৰী অমোঘ বাক্যত : চেকনিৰ আগত বিদ্যা ৷ হাতত সদায় ধুনীয়াকৈ চুচি-বাচি অনা চেকনিডাল যাৰ কোবৰ পৰা ৰক্ষা পাবলৈ ল’ৰাহঁতে পিঠিত তামোলৰ ধকুৱা বান্ধিব লগাত পৰিছিল ৷ আৰু মনত পৰে গৰখীয়া ল’ৰাৰ হাতৰ চেকনিডাল যিডালেৰে সি গৰুজাক নিয়ন্ত্ৰণত ৰাখিছিল ৷ কিন্তু এই চেকনিডাল জানো ৰণৰ অস্ত্ৰ হ’ব পাৰে ? অথচ এনে হোৱাৰ নজীৰ আছে অসম বুৰঞ্জীত ৷ আহক, বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ ৷

লক্ষ্মী সিংহৰ সিংহাসন আৰোহণ আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ প্ৰতিপত্তি : ১৭৫১ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ হয় ৰাজেশ্বৰ সিংহ ৷ ১৭৬৯ চনত অসুস্থ হৈ তেওঁ মৃত্যুবৰণ কৰে ৷ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ উদ্যোগত ৰুদ্ৰ সিংহৰ কণিষ্ঠ পুত্ৰ আৰু ৰাজেশ্বৰ সিংহৰ ভাতৃ লক্ষ্মী সিংহক সিংহাসনত অধিষ্ঠিত কৰা হয় ৷ সেই বাবে লক্ষ্মী সিংহ কীৰ্ত্তিচন্দ্ৰৰ ওচৰত কৃতজ্ঞ হৈ ৰয় ৷ ফলত এইজনা বিষয়াৰ প্ৰতিপত্তি বাঢ়ি যায় আৰু সকলো কথাতে নিজৰ মত যাপি দিবলৈ কুণ্ঠাবোধ নকৰা হয় আৰু ক্ৰমান্বয়ে তেওঁ ৰাইজৰ অপ্ৰিয় হৈ পৰে ৷ এদিন স্বৰ্গদেউৰ সৈতে নৌকা ভ্ৰমণ কৰাৰ সময়ত মোৱামৰীয়া গোঁসাই নদীৰ পাৰত ৰৈ চিন্তাত মগ্ন হৈ আছিল ৷ গোঁসায়ে ৰজাক দেখি অভিবাদন জনায় ৷ কিন্তু বৰবৰুৱা লগত থকা কথাটো গোঁসাইৰ দৃষ্টিগোচৰ নহ’ল আৰু বিষয়াজনক  অভিবাদন নজনালে ৷ এই কথাত বৰবৰুৱাই গোঁসাইক অকথ্য ভাষাৰে ককৰ্থনা কৰে ৷ লাজে- অপমানে গোঁসাই ঘূৰি আহে থদিও মনত এই ঘটনাই গভীৰ ৰেখা আঁকি গ’ল ৷ আগেয়ে স্বৰ্গদেউ শিৱ সিংহৰ আমোলত (১৭১৪-১৭৪৪ খ্ৰী:) স্বৰ্গদেউৰ পত্নী ‘বৰ-ৰজা’ ফুলেশ্বৰীয়ে জোৰকৈ ধৰাই নি ৰাজপৰিয়ালৰ দুৰ্গা পূজাত বলিৰ পঠাৰ তেজেৰে কঁপালত ফোঁট দিয়াৰ কথা গোঁসায়ে পাহৰিব পৰা নাছিল ৷ মোৱামৰীয়াসকল মূৰ্ত্তি পূজা আৰু বলিবিধানৰ ঘোৰ বিৰোধী আছিল ৷ সেয়ে কেৱল গোঁসায়েই নহয় সকলো মোৱামৰীয়াই বিতুষ্ট আছিল ৷ ইয়াৰ কিছুদিন পাছতে মৰাণ গাওঁবুঢ়াৰ পুত্ৰ নাহৰে খোৰা শইকীয়া আৰু ৰাঘৱ মৰাণে বাৰ্ষিক কৰ হিচাপে ৰজাৰ অস্তাবললৈ দিব লগা হাতী লৈ আহোঁতে হাতীবিলাকৰ বহুতো খুঁত উলিয়াই বৰবৰুৱাই নাহৰৰ কাণ কটায় আৰু ৰাঘৱক সৌকাৰে কোবোৱায়  ৷ তেওঁলোক গৈ গোঁসাইক সকলো কথা অৱগত কৰায় ৷ গোঁসাইৰ কেঁচা ঘাঁতহে যেন কোনোবাই নিমখ সানি দিলে ! তেওঁ শিষ্যসকলক গোটাই নামৰূপ পায়গৈ ৷ তাত আৰু অনেকেই গোঁসাইৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু ডিব্ৰু নদীৰ পাৰত ৰাজঘৰীয় সেনাৰ সৈতে যুঁঁজ দি পৰাজিত হয় ৷ ইয়াৰ পাছত মোৱামৰীয়া সকলে গড় বান্ধি লয় আৰু সৰু-সুৰা আক্ৰমন চলাই যায় ৷ 

মোৱামৰীয়া বিদ্ৰোহ: ১৭৬৯ চনৰ অক্টোবৰ মাহত ৰাঘৱ মৰাণৰ নেতৃত্বত মোৱামৰীয়া সকলে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি আহি আহোম সেনাক আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷ স্বৰ্গদেৱে লৰলৰিকৈ সকলো বিষয়াকে মাতি আলোচনা কৰে ৷ বুঢ়াগোঁহাই ডাঙৰীয়াই ৰাঘৱৰ সৈতে আলোচনাৰ প্ৰস্তাৱ ৰাখে যদিও বৰবৰুৱাই এই কথা অগ্ৰাহ্য কৰি লক্ষ্মী সিংহক গুৱাহাটীলৈ পলায়ণ কৰিবলৈ উপদেশ দিয়ে ৷ সেই মতে ৰজা নাঁৱেৰে ভটিয়াই যোৱাৰ ব্যৱস্থা হয় ৷ ইতিমধ্যে ৰাঘৱ আহি ৰাজধানী ৰংপুৰ পায়হি আৰু ৰজাৰ পাছে-পাছে নিজৰ সৈন্য পঠায় ৷ স্বৰ্গদেউক ধৰি আনি জয়সাগৰৰ দৌলত বন্দী কৰি ৰখা হয় ৷ ৰাঘৱে লক্ষ্মী সিংহক দেখা কৰিবলৈ যাওঁঁতে লক্ষ্মী সিংহৰ ভীৰুতা দেখি তেওঁ জীয়াই থাকিলেও কাৰো কোনো ক্ষতি নহয় বুলি সিদ্ধান্ত লয় ৷ গোঁসাইৰ পুত্ৰ বাঙ্গনক ৰজা পাতিবলৈ বিদ্ৰোহীসকলে দিয়া প্ৰস্তাৱ গোঁসায়ে অগ্ৰাহ্য কৰাত নাহৰৰ পুতেক ৰমাকান্তক সিংহাসনত বহুওৱা হ’ল ৷

মণিপুৰী কুঁঁৱৰী কুৰঙ্গনয়নী : কীৰ্ত্তিচন্দ্ৰৰ ক্ষমতা দেখা ৰাঘৱে নিজেই বৰবৰুৱাৰ খিতাপ লয় আৰু কীৰ্ত্তিচন্দ্ৰ তথা তেওঁৰ পুত্ৰসকলক হত্যা কৰায় ৷ তেওঁলোকৰ পত্নী আৰু জীয়ৰী সকলক মোৱামৰীয়া নেতাসকলে নিজ নিজ হেৰেমৰ বাবে ভগাই লয় ৷ মণিপুৰৰ বিতাৰিত ৰজা জয় সিংহক ৰাজ্য পুনৰোদ্ধাৰত সহায় কৰাৰ বাবে কৃতজ্ঞতা যাচি তেওঁ ১৭৬৮ খ্ৰীঃত নিজৰ সুন্দৰী জীয়ৰী কুৰঙ্গনয়নীক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহলৈ বিয়া দি মিত্ৰতা স্থাপন কৰিছিল ৷ ৰাঘৱে এই গৰাকী কুঁৱৰীকো জোৰকৈ ধৰি আনি নিজ হেৰেমৰ শোভা বঢ়ায় ৷ এখন ৰাজ্যৰ ৰাজকুঁৱৰী আৰু আন এখন ৰাজ্যৰ ৰাণীৰ বাবে কাৰোবাৰ হেৰেমত শয্যাসঙ্গিনী হোৱাৰ অপমান সহি থকা নাৰী নাছিল কুৰঙ্গনয়নী ৷ অন্তৰত তেওঁৰ জ্বলি ৰ’ল প্ৰতিশোধৰ জুই ৷

আহোম ৰাজ্যৰ অনেক বিষয়া, যেনে  কুঁৱৰীগঁঞা ভোগী বৰগোঁহাইৰ পুত্ৰ ঘনশ্যাম গোঁহাই হাজৰিকা, চতাই-অলীয়া দৌলবন্ধা ৰাজমন্ত্ৰী বৰগোঁহাইৰ পুত্ৰ, আন এজনা বৰগোঁহাইৰ নাতি বাইলুং, ভদ্ৰসেন, ৰামকৃষ্ণাই, ৰামনাথ আৰু খনিকৰ ভূঁঞাৰ পুত্ৰ কেকেৰু কলিতা হাজৰিকা আদি মোৱামৰীয়াসকলৰ পৰা ৰাজ্য পুনৰোদ্ধাৰৰ পৰিকল্পনাত ব্ৰতী হয় ৷ বিদ্ৰোহীসকলে পাঁচ মাহৰ কিছু অধিক সময় ৰাজত্ব কৰাৰ পাছত চ’তৰ বিহুৰ সময়ত ৰাঘৱৰ অনুগত গোবিন্দ গাঁঁওবুঢ়া আদি অনেক লোক ৰংপুৰ এৰি ঘৰা-ঘৰি যায় ৷ সেয়া আছিল ১৭৭০ খ্ৰীষ্টাব্দ ৷ ডাঙৰীয়াসকলে এয়েই উপযুক্ত সময় বুলি বিবেচনা কৰিলে ৷ বিহুৰ প্ৰথম ৰাতিতেই ৰাঘৱক বধ কৰাৰ আঁচনি লোৱা হয় ৷ মটকৰ চেকনি কোবোৱা দলৰ ভেশত ৰাঘৱৰ ঘৰত হুচৰিৰ আশীৰ্বাদ দিবলৈ যোৱাৰ সিদ্ধান্ত কৰি কেকেৰু কলিতা হাজৰিকাক দায়িত্ব দিয়া হয় কুঁৱৰী কুৰঙ্গনয়নীক লগ ধৰি এই আভিসন্ধিৰ ভিতৰুৱা কৰাৰ ৷ কুৰঙ্গনয়নীয়ে যেন হাতেৰেহে স্বৰ্গ ঢুকি পালে ! হাজৰিকাই ঘূৰি আহি সকলোকে কুঁৱৰীৰ কথা অৱগত কৰায় আৰু সকলোৰে মাজত কাম ভগাই দিয়া হয়; হুচৰিৰ দল আৰু লুকাই থকা আন এটা দলৰ মাজত অস্ত্ৰ- শস্ত্ৰ ভগাই দিয়া হ’ল ৷ 

ৰাঘৱ মৰাণৰ মৃত্যু: হুচৰিৰ দল আহি ৰাঘৱৰ দুৱাৰ মুখত উপস্থিত হ’ল ৷ হুচৰিৰ দলক আদৰি নিয়া আৰু শেষত আঠু লৈ আশীৰ্বাদ লোৱা অসমীয়াৰ পৰম্পৰা ৷ কিন্তু ৰাঘৱে কঁকালত হেংদাং লৈ আগবাঢ়ি আহিল ৷ কুৰঙ্গনয়নীয়ে তেওঁক বুজালে যে তেনে কৰা অশোভনীয় ৷ ৰাইজে ৰাঘৱক ভাল পাই বাবেহে বিহুৰ প্ৰথম দিনাই তেওঁক আশীৰ্বাদ দি হুচৰি মেলিছে ৷ কুৰঙ্গনয়নীৰ কথাত ভোল গৈ ৰাঘৱ বিনা অস্ত্ৰে ওলাই আহিল ৷ আশীৰ্বাদ লবলৈ আঠু কাঢ়োতেই কুৰঙ্গনয়নীয়ে পিছফালৰ পৰা ৰাঘৱক আঘাত কৰে ৷ লগেলগে আনসকলেও অস্ত্ৰ উলিয়াই লয় আৰু ৰাঘৱৰ ওপৰত জপিয়াই পৰে ৷ ৰাঘৱৰ মৃত্যুৰ পাছত দুয়ো পক্ষৰ মাজত থৈয়া নথৈয়া ৰণৰ সৃষ্টি হয় ৷ এই ৰণত বিজয়ী আহোম সেনাই স্বৰ্গদেউ লক্ষ্মী সিংহক সসন্মানেৰে মোকলাই আদৰি আনে ৷ সম্পূৰ্ণ মৰ্য্যাদাৰে তেখেতক সিংহাসনত বহুওৱা হয় ৷

চেকনি কোবোৱা ৰণ: সিংহাসনত পুনৰবাৰ বহি লক্ষ্মী সিংহই মোৱামৰীয়াসকলৰ ওপৰত নীপিড়ন আৰম্ভ কৰে ৷ ইফালে ৰাঘৱৰ মৃত্যুৰ বাতৰি পাই গোবিন্দ গাওঁবুঢ়াই তেওঁৰ অনুগামীসকলক একত্ৰিত কৰে ৷ তেওঁলোক শগুনমুৰীত গোট খায় আৰু স্বৰ্গদেউক সিংহাসনচ্যুত কৰাৰ প্ৰচেষ্টা হাতত লয় ৷ এই বিদ্ৰোহ জনজাগৰণৰ পৰ্য্যায়ৰ বুলিব পাৰি ৷ এফালে সেনাৰ হাতে হাতে হেংদাং, আনফালে বিদ্ৰোহীসকলৰ হাতত আছিল চেকনি ৷ হয়, বিদ্ৰোহীসকলৰ প্ৰধান অস্ত্ৰ আছিল বাঁহৰ চেকনি ৷ তেওঁলোকৰ মুখত আছিল এফাঁকি “মন্ত্ৰ” : 
“প্ৰজা ঐ জৰৈৰোৱা,
চেকনি ঐ চপাই ধৰা” ৷ 

সম্পূৰ্ণ গৰিলা যুদ্ধৰ কৌশলেৰে বিদ্ৰোহীসকল ৰণত আগবাঢ়ে; হাবিতলীয়া ঠাইত লুকাই থাকি ৰজাঘৰীয়া বিষয়া বা সেনা দেখিলে অতৰ্কিতে জপিয়াই পৰি চেকনিৰে কোবাই কোবাই হত্যা কৰা হৈছিল ৷ সেয়ে এই জনজাগৰণক “চেকনি কোবোৱা ৰণ” আখ্যা দিয়া হৈছে ৷ এবাৰ এনে আক্ৰমণত বৰপাত্ৰগোঁহাই আৰু ঢেকীয়াল ফুকন ডাঙৰীয়া মৃত্যুমুখত পৰে; বৰগোঁহাই ডাঙৰীয়া কোনোমতেহে প্ৰাণৰক্ষা কৰি পলাই সাৰে ৷ লগেলগে দুজন সুদক্ষ বিষয়াক মৃত বিষয়াদুজনৰ ঠাইত নিযুক্তি দিয়া হ’ল ৷  বিদ্ৰোহীসকল ৰাজধানী ৰংপুৰৰ ফালে অগ্ৰসৰ হ’ল ৷ বাটতে থাওৰাত বুঢ়াগোঁহাই, বৰগোঁহাই আৰু বৰপাত্ৰ গোঁহায়ে সসৈন্যে তেওঁলোকক আগচি ধৰিলে; মণিপুৰৰ ৰজা জয় সিংহই পঠোৱা অশ্বাৰোহী বাহিনীও ৰাজকীয় সেনাৰ লগত আছিল ৷ হেংদাঙৰ আগত চেকনি আৰু অশ্বাৰোহীৰ সমুখত পদাতিক তিষ্ঠিব নোৱাৰিলে আৰু বহুতো মোৱামৰীয়া ৰণত পৰিল ৷ গোবিন্দ গাওঁবুঢ়াকে আদি কৰি অনেক বিদ্ৰোহীক আটক কৰা হ’ল; তেওঁলোকক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ’ল ৷ কিছু কিছু বিদ্ৰোহী পলাই সাৰিল আৰু গভীৰ হাবিত লুকাই থাকিল ৷ তেওঁলোকে লেফেৰা আৰু পৰমানন্দৰ নেতৃত্বত গৰিলা যুদ্ধ কৰি আহোম সেনাৰ ক্ষতি কৰি গ’ল ৷ ন-ফুকন আৰু ডেকা ফুকনৰ সেনাপতিত্বত অহা আহোম সেনা বিদ্ৰোহীসকলৰ হাতত পৰাজিত হ’ল ৷ পাছত বৰপাত্ৰ গোঁহাইৰ নেতৃত্বত অহা সেনাৰ লগত  যুজি লেফেৰা আৰু পৰমানন্দ ৰণত পৰিল ৷

প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সমাপ্তি: ইয়াৰ পিছত বুঢ়াগোঁহাই ডাঙৰীয়াই পৰিকল্পিত ভাৱে মোৱামৰীয়া গাওঁবোৰ ধ্বংস কৰালে ৷ এবাৰ অৱৰোধত অনেক লোকে অনাহাৰত প্ৰাণ হেৰুৱালে ৷ বাচি থকাসকলক বিভিন্ন গাঁঁওত স্থাপিত কৰা হ’ল যাতে তেওঁলোক একত্ৰিত হ’ব নোৱাৰে ৷ অৱশেষত নোমল ৰাজকীয় সেনাৰ হাতত পৰিল ৷ ইয়াৰ লগে লগে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিল ৷ কিন্তু চেকনি কোবোৱা ৰণে জনজাগৰণ আৰু গণ বিদ্ৰোহৰ এক বিৰল দৃষ্টান্ত ইতিহাসৰ পাতত লিখি গ’ল ৷


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

ইতিহাস প্ৰসিদ্ধ পথৰুঘাটৰ স্বভাৱ কবি
ধজৰ আলি আৰু তেওঁৰ সাহিত্যৰাজি


অজয় বৰুৱা
দৰং, ফোন নংঃ 9707730427

      দৰঙৰ ঐতিহ্যমণ্ডিত ঠাই পথৰুঘাট। বৰ্তমানৰ পাথৰিঘাট। ১৮৯৪ চনৰ পথৰুঘাটৰ স্মৃতি বিজড়িত আৰু সাতকুৰি কৃষক ছহিদৰ কেঁচা তেজেৰে ৰঞ্জিত ঠাই পাথৰিঘাট। ভাৰতীয় ইতিহাসৰ স্বাধীনতা সংগ্ৰামৰ ৰঙীন আৰু গৌৰৱজ্জ্বল অধ্যায় পথৰুঘাট। সেই পথৰুঘাট অঞ্চলত বৌদ্ধিক, সামাজিক, সাহিত্যত বিপুল অৰিহণা দি থৈ যোৱা পুৰুধা ব্যক্তিসকলৰ অন্যতম পাহৰণিৰ স্বভাৱ কবি ধজৰ আলি। দৰঙৰ নিৰণচুবা নামে গাঁৱত ১৮৬৭ চনত জন্মগ্রহণ কৰিছিল প্রচাৰ বিমুখ কবি সাহিত্যিক এই ধজৰ আলিদেৱে। ‌লিখা পঢ়াৰ প্রতি প্ৰবল আগ্ৰহ থকা কিন্তু অভাৱ-অনাতন, সুবিধা নথকা হেতু উচ্চ শিক্ষাৰ পৰা বঞ্চিত হোৱা ধজৰ আলিয়ে পাথৰিঘাটত ব্রিটিছে স্থাপন কৰা পাথৰিঘাট ছাত্র-বৃত্তি স্কুলত প্রাথমিক শিক্ষা সাং কৰি পাথৰিঘাটৰে ডাক-বংলাত উমাদাৰী হিচাপে কামত নিয়োজিত হয়। আলি দেৱে এই কামকে কৰি নিজৰ পৰিয়াল সুখে-দুখে, অভাৱ-অনাতনৰ মাজেৰে সুন্দৰ ভাৱে চলাই নিয়াৰ সমান্তৰালকৈ সাহিত্য সাধনা কৰি গৈছিল। উচ্চ শিক্ষাহীন এই ব্যক্তিজনাই সেই সময়তে সৃষ্টি কৰি গৈছিল চাৰিখনকৈ অমূল্য গ্ৰন্থ। যিকেইখনক ঐতিহাসিক দলিলস্বৰূপে বৰ্তমান স্বীকৃত। তেওঁ ৰচিত চাৰিখন কাব্যগ্ৰন্থ হ'ল ১)১৮৯৭ চনৰ ভূঁইকঁপৰ প্ৰলয় কাহিনী ২)পথৰুঘাটৰ ধাবা ৩) সতীয়া মাকৰ অত্যাচাৰ ৪) কানিয়াৰ দুৰ্গতি। 
    "১৮৯৭ চনৰ ভূঁইকঁপৰ প্ৰলয় কাহিনী"
              ' ১৮৯৭ চনৰ ভূঁইকঁপৰ প্ৰলয় কাহিনী' নামৰ কাব্য পুস্তিকাখনত ধজৰ আলি দেৱৰ কবিতাসমূহক মৌখিক ৰূপৰ পৰা লিখিত ৰূপলৈ আনিছিল মহিৰুদ্দিন আৰু বছিৰুদ্দিন নামৰ দুজন ব্যক্তিয়ে। এই লিখিত ৰূপৰ পাণ্ডুলিপিসমূহ তেতিয়াৰ পঢ়া শুণা কৰিব পৰা লোকসকলে ঘৰে ঘৰে নি চেৰাধেক মাৰি পঢ়িছিল আৰু সমগ্ৰ অঞ্চলটোত বিয়পাই দিছিল। ১৮৯৭ চনৰ কোনো এক শনিবাৰে দিনৰ ভাগত হোৱা ভূমিকম্পৰ বৰ্ণনাই হ'ল এই পুস্তিকাৰ মূল কথা। ছমাহ ধৰি চলি থকা সৰু-বৰ ভূমিকম্পৰ শব্দ, তাৰ ফলত মানুহ জীৱ -জন্তুৰ অৱস্থা, আকাশ বতাহৰ অৱস্থা আদি বাস্তৱ ও সাৱলীল বৰ্ণনা পোৱা যায়। সেইবোৰৰ ভিতৰত,,,, হুৰ হুৰ ,গুৰ-গুৰ শব্দ কৰি ভূঁইকপ আহিছিল। পৃথিৱীখন দলদোপ-হেন্দোলদোপকৈ কপিছিল। কোনো প্ৰাণী বা জীৱ জন্তু থিয় হৈ থাকিব নোৱাৰি বাগৰি পৰিছিল। পৃথিৱীৰ উপৰিভাগ ধুঁঁৱলী-কুঁৱলী হৈ পৰি আকাশ ধোঁঁৱাৰে ছানি ধৰিছিল। দিনতে সূৰ্য ঢাক খাই পৃথিৱী এন্ধাৰ হৈ পৰিছিল। 
 শনিবাৰে পহিলাতে    গুৰ গুৰ শব্দ কৰি
          প্রথমতে ধীৰে ধীৰে আহে, 
তাৰ পৰে কিছুমান      হ‌ইল বৰ বেছি টান
        শক্ত হৈয়ে আহে ধীৰে ধীৰে।।
হুৰ হুৰি গুৰ-গুৰি      আহে এটি শব্দ কৰি 
          দপদপাই উঠে জমিন খান।। 
   ধজৰ আলিৰ ৰচিত পদ্য সমূহত লোক সাহিত্য সমলেৰ পৰিপূর্ণ। লোকগীত হ'ল অসমীয়া লোকসাহিত্যৰ এক অন্যতম ভাগ। ইয়াৰ ভিতৰত আকৌ আখ্যানমূলক লোকগীত হিচাপে ধজৰ আলি দেৱৰ ৰচনা সমূহক ধৰিব পাৰি। কিন্তু এই লোকগীতসমূহৰ ছন্দ, ভাৱ আৰু ভাষা শৃংখলিত নহয়, সাৱলীল আৰু উন্মুক্ত। কিন্তু তেওঁৰ ৰচনাত পদ আৰু ত্ৰিপদী ছন্দৰ বিদ্যমান। 
যেনে:
  জোকোৰাত ঢৌ খাই বামে  উঠে জল। 
 জর্জৰকৈ সৰি পৰে বৃক্ষৰ জতো জল।। (পদ ছন্দ) ।
সেইদৰে
শুনহ মমিন ভাই     ভূঁই চাল চলি যায় 
       পৃথিৱীকে বিদৰীয়া দিল। 
 এতিয়াহে গাঁও জোৰা    এই থোৰা থোৰা
         ছয়মাস চলিতে আছিল।। (ত্ৰিপদী) 
ভূমিকম্পত সেই সময়ত পোহনীয়া জীৱ-জন্তু, চৰাই আদিৰ যি অৱস্থা, দুৰ্গতি হৈছিল তাৰ সুন্দৰ, সহজ-সৰল বৰ্ণনা এই কাব্যপুথিখন উল্লেখ আছে। কবিজনাই দুই এটা আৰবী, হিন্দী বাংলা শব্দ প্ৰয়োগ কৰিছে যদিও সকলোৰে বোধগম্য। এইবোৰৰ প্ৰয়োগে অনন্য ৰসৰ সৃষ্টি কৰিছে। যেনে
 "হস্তীৰ ভাঙ্গিল ফস্তি, ঘোঁৰা গেল পৰি। 
আৰু  ছোটো জানোৱাৰ কতো গেল মৰি।। 
গৰু, বকৰি আদি চাৰ-পাইয়া জানোৱাৰ।
জমিৰ কপনি দেখি চুর্ত্তি নাহি গাৰ।।
খাৰা হৈতে নাহি পাৰে কাবে থৰ থৰি। 
স্থিৰ হ'বা নোৱাৰিয়া পৰোতা বাগৰি।। " ইত্যাদি। 
সেইদৰে গছ-গছনিৰ হোৱা ক্ষয়-ক্ষতিৰ কথা এনেদৰে উল্লেখ কৰিছে,,,  
"জখনো বেছি কৰি পৃথিৱী লৰিলা, 
কিছুপৰ বাদে গছ উঘেলী পৰিলা। 
গাছে গাছে ডেকা লাগি শিপা ছিঙি যায়, 
কতো মৰে কতো পৰেই জানেনো খোদাই।। "
ধজৰ আলি দেৱৰ ভূমিকম্পৰ হৃদয় বিদাৰক কাহিনীবোৰ মানুহৰ মুখে মুখে চেৰাঢেক আকৰত চলিছিল যদিও বর্তমান সেইবোৰ পাহৰণিৰ গৰ্ভত। তথাপি সেইসময়ৰ সমাজখনৰ কলা-সংস্কৃতি, মানুহৰ জীৱন ধাৰণ, ৰীতি-নীতি যি আভাস পোৱা যায় সেই দৃষ্টিৰে এই কাব্যপুথিখন এখন দলিল স্বৰূপ। 

"পথৰুঘাটৰ ধাবা"
   পথৰুঘাটৰ ৰণৰ (১৮৯৪) বিস্তৃত বর্ণনাৰে লিখা "পথৰুঘাটৰ ধাবা" কাব্য পুস্তিকাখন ধজৰ আলি দেৱৰ সাহিত্য সৃষ্টিৰ অনুপম অৱদান আছিল। পিছে দুখৰ কথা সংৰক্ষণৰ অভাৱত কিতাপখন কৰবাত হেৰাই থাকিল। এইখনো কিতাপ চেৰাঢেক ব্যৱহাৰ কৰি গাঁৱলীয়া লোক সকলে পঢ়ি ৰস উপভোগ কৰিছিল। 

"সতীয়া মাকৰ অত্যাচাৰ"
   ধজৰ আলি দেৱৰ আন এখন কবিতাপুথি হ'ল সতীয়া মাকৰ অত্যাচাৰ। যিখনত তেওঁ ব্যক্তিগত জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ কথা সুন্দৰ ভাৱে প্ৰকাশ কৰিছে। পাথৰিঘাট ডাকবংলাত উমাদাৰী  কাম কৰি থাকোতে তেখেতৰ পত্নী বিয়োগ হোৱাত ল'ৰা-ছোৱালী দুটাক লৈ বৰ বিপদত পৰে। যাৰ বাবে দ্বিতীয় বিবাহ সম্পন্ন কৰিব লগীয়া হয়। এই দ্বিতীয়া পত্নীয়ে প্রথমা পত্নীৰ ল'ৰা-ছোৱালী দুটাক দিয়া কষ্ট, অত্যাচাৰ দেখি মনত পোৱা গভীৰ আঘাট, মানসিক কষ্ট আৰু অনুভৱত সৃষ্টি হ'ল 'সতীয়া মাকৰ অত্যাচাৰ'। দ্বিপদ আৰু ত্ৰিপদী ছন্দৰ লিখা এই কিতাপখন ছপা আকাৰত এতিয়ালৈ ওলোৱা নাই। কিতাপখনত থকা কেইটামান পাতি হ'ল
১) সতীয়া মাকে অত্যাচাৰৰ বাবে চল, সুবিধা, কাৰণ বিচাৰি থকাৰ কথা এনেদৰে প্রকাশ কৰিছে,, 
"বাপে গেলি সেই বেলি নেৰো ম‌ই ভালে। 
কি কৰিব বাপে জব ঘৰে আহি পালে।।"
১) সতীয়া মাকক মা বুলি মাতিলে হোৱা জ্বলি, খংৰ প্রকাশ,,,,, 
"খতিয়া বেটাই কাছে যদি বোলে মাও। 
তীৰে ভেদা পক্ষীমত জ্বলি উঠে গাও।। "
ইত্যাদি। 

"কানিয়াৰ দুর্গতি"
"শুনি মমিন ভাই সবে মুচলমান 
কানিয়াহাতৰ কথা ইতা কৰিব বয়ান।। 
মৰ কানিয়া, বৰ কানীয়া গেছো যিটো নাম। 
আৰু এক কানিয়া আছিল নামতে অধম।। "
    ধজৰ আলি দেৱৰ চতুৰ্থখন কাব্য পুস্তিকা হ'ল "কানিয়াৰ দুর্গতি"। য'ত সেই সময়ত পথৰুঘাট অঞ্চলত 'কানি' ৰ প্রভাৱ, কানি খাবলৈ নাপালে কানিয়া সকলৰ আলাই-আথানিৰ বর্ণনা সাবলীল ভাৱে প্রকাশ কৰিছে। ব্রিটিছ চৰকাৰে কানিৰ যোগানেৰে অসমীয়া সকলক মূৰ্খ সজোৱা আঁচনি কৰি হঠাতে আইন যোগে কানিৰ প্রচলন বন্ধ কৰাত মানুহ বিলাকৰ এই অৱস্থা হৈছিল। কম টকাত পোৱা অথাৎ সহজলভ্য কানি খোৱাৰ যি অভ্যাস আৰু নিচা হৈ যোৱাৰ পিছত তাক চৰকাৰে দুর্লভ কৰি দিওঁঁতেও অতিৰিক্ত দাম দি হ'লেও কিনি খাই সর্বস্বান্ত কৰাত মানুহখিনিৰ যি অৱস্থা হ'ল সেয়া কাব্যখনত সুন্দৰ ভাৱে উপস্থাপন কৰিছে। কাব্যগ্ৰৰন্থখন অপ্ৰকাশিত আৰু পাণ্ডুলিপি আকাৰত থকা বুলি জানিব পৰা যায়। কাব্যগ্ৰন্থখনত উল্লেখিত আন এটি পক্তি  হ'ল,,, 
"আগৰ দিনৰ মানুহ মানে আছিল গোটেই সাধু। 
সেই বেলি মানুহ ঘৰে খেতি আছিল আফু।। 
ইংৰাজ লাগাল পাই আফু উঠেই নিলা। 
জগাৰ হ'ব বুলি ৰাইজক মানা কৰি দিলা।। 
ঢোল পিটি শুনাই দিলা আফুক কল্যা মানা। 
আফি উলাই দিলা তোলাই পাঁচ আনা।।  
ইত্যাদি। 
     ধজৰ আলিদেৱৰ সৃষ্টিত অসমীয়াৰ জন জীৱনৰ চিত্ৰ, সহজ-সৰল থলুৱা শব্দৰ প্ৰয়োগ, ঐতিহাসিক সমল, গছ-গছনি, ফল-মূল, আদিৰ কথা সুন্দৰ ভাৱে বর্ণনা কৰা আছে। ইয়াৰ উপৰিও এই কাব্যপুথিকেইখনত ঐতিহাসিক তদানীন্তন সমাজৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক দৃষ্টপটৰ বর্ণনা স্পষ্ট ভাৱে পোৱা যায়। সাহিত্যৰ সম্পৰ্কে কোনো আনুষ্ঠানিক শিক্ষা নথকা তথা জ্ঞান আহৰণ নকৰাকৈ উচ্চ শিক্ষাহীন এই ব্যক্তি জনাৰ ৰচনাবোৰ বৃহত্তৰ অঞ্চলটোৰ অমূল্যসম্পদ তথা লোক সাহিত্যৰ এক অমূল্য ভাণ্ডাৰ বুলি কব পাৰি। পৰিবেশ সচেতনতা, ষষ্ঠ ইন্দ্রিয়লব্ধ, প্রাকৃতিক জ্ঞানেৰে সমৃদ্ধ তেওঁৰ সৃষ্টিৰাজিক সংৰক্ষণৰ অভাৱত ক্রমাৎ আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। সেয়ে স্বভাৱ কবিজনাৰ সৃষ্টিৰাজিক সংৰক্ষণৰ ব্যৱস্থা কৰাটো অতিকে প্রয়োজন। 

সহায়ক গ্ৰন্থ :
১)সীৰলু: পত্ৰিকা, পথৰুঘাট শাখা সাহিত্য সভা।
২)ইতিহাসে গৰকা পথৰুঘাট।
৩)খেৰাজ: স্মৰণিকা, কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস, ২০১০।


পৃষ্ঠা ৮
প্ৰৱন্ধঃ

মাতৃ সকলৰ সামাজিক দায়ৱদ্ধতা

মঞ্জুমালা শৰ্মা ভট্টাচাৰ্য
জামুগুৰি

প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ আঁৰত  এজন চিৰসুন্দৰ ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰা হয় ৷ এই চিৰ সুন্দৰৰ এক অনন্য অনুপম সৃষ্টি হৈছে নাৰী ৷ কৃতী,স্মৃতি, ক্ষমা, দয়া, স্থিতি, অপৰূপা, মেধা আদি অসংখ্য গুণেৰে বিভূষিতা নাৰী ৷ এইবোৰ গুণেৰে বিভূষিত হোৱাৰ উপৰিও এগৰাকী নাৰী কাৰোবাৰ মাতৃ, পত্নী, ভগ্নী আৰু  দুহিত্ৰী আদি ভিন্ন ৰূপেৰে পৰিচিত ৷ এই সকলোবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ময্যাদাসম্পন্ন পৰিচয়টো হৈছে  মাতৃ ৷ 'মাতৃ' শব্দটো সৰু অথচ  অতিশয় গভীৰ আৰু তাৎপৰ্যপূৰ্ণ ৷ মাতৃৰ অবিহনে সৃষ্টিকাৰ্য অসম্ভৱ ৷ পৃথিৱীত  মাতৃৰ সমান আন একোৱেই হ’ব নোৱাৰে ৷ মাতৃসকলেই সমাজ আৰু জাতিৰ মুৰব্বী ৷ সেয়েহে  সমাজ আৰু দেশৰ কল্যাণ আৰু উন্নতিৰ বাবে মাতৃসকলৰ দায়িত্ব আৰু কতৰ্ব্য অতি গুৰুত্বপূৰ্ণ ৷
প্ৰাচীনকালৰে পৰাই মাতৃসকলে জন্মভূমিৰ গৌৰৱ অৰ্জনত  অৱদান যোগাই আহিছে ৷ ভাৰতীয় আদৰ্শত মাতৃৰ দায়িত্ব আছিল মহান ৷ মাতৃসকলে ভাৰতীয় সমাজ জীৱনত  যুগে যুগে সংকটৰ পৰা পৰিত্ৰাণ কৰি অহাৰ দৃষ্টান্তৰ অভাৱ নাই ৷ মাতৃৰ মমতাৰে সন্তানক লালন -পালন  কৰাৰ লগতে জাতি আৰু দেশৰ কল্যাণৰ বাবেও অহোপুৰুষাৰ্থ কৰি আহিছে ৷ তাৰ স্বাক্ষৰ বহন কৰি আহিছে প্ৰাচীন কাব্য, মহাকাব্য আৰু অন্যান্য গ্ৰন্থসমূহে ৷ মহাভাৰতত  উল্লেখিত  পাণ্ডৱ মাতৃ  কুন্তীদেৱীয়ে  পাণ্ডৱসকল বনবাসত  থাকোঁতে পুত্ৰসকলৰ লগে লগে  অনাই বনাই ফুৰিছিল ৷ ইয়াৰ মূলতে মাতৃ হিচাপে কুন্তীদেৱীৰ সন্তানৰ  প্ৰতি থকা প্ৰকৃত ভালপোৱা আৰু দায়িত্ববোধৰ কথাকে প্ৰকাশ পায় ৷ মাতৃ আৰু সন্তানৰ সম্বন্ধ এক এৰাব নোৱাৰা যোগসূত্ৰ৷
অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক  অসমীয়া সাহিত্য-সংস্কৃতিৰ  সাধক  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ  সৰুতে পিতৃ-মাতৃৰ  বিয়োগ ঘটাত বুঢ়ীমাক  খেৰসুঁতীয়ে শংকৰক তুলি-তালি  ডাঙৰ - দীঘল কৰাৰ লগতে  শংকৰদেৱৰ জীৱন গঢ়াতো অৱদান  যোগায় ৷ বুঢ়ীমাক  খেৰসুঁতীৰ অকুণ্ঠ মৰম আৰু ত্যাগৰ  বলত শংকৰদেৱে  জীৱন গঢ়াৰ থল  পালে ৷ মাতৃহাৰা শংকৰক খেৰসুঁঁতীয়ে বাৰবছৰ বয়সত  মহেন্দ্ৰ কন্দলিৰ টোলত  পঢ়াবলৈ দিয়াৰ পৰাই শংকৰদেৱৰ  সুপ্ত হৈ থকা প্ৰতিভাবোৰ প্ৰকাশ পায় ৷ সেই শংকৰেই এদিন জগত গুৰু ৰূপে খ্যাতি লাভ কৰে ৷ খেৰসুঁতীৰ দৰে এগৰাকী মহান মাতৃৰ প্ৰেৰণাতে শংকৰদেৱ এজন যুগজয়ী মহাপুৰুষ হ'ব পাৰিছিল ৷
প্ৰেম আৰু ধৰ্মেৰে  বিশ্বত  বিজয়প্ৰাপ্ত হোৱা  মাতা কস্তুৰবা  আজিও মাতৃসকলৰ গৌৰৱৰ স্বাক্ষৰ ৷ সন্তুলিত -সংযমিত  আহাৰ গ্ৰহণ কৰা আৰু দেশৰ বাবে ত্যাগ কৰা এইগৰাকী মহিয়সী আছিল কৰ্মযোগৰ প্ৰতিমূৰ্তি ৷ মাতা কস্তুৰবা  মহাত্মাগান্ধীৰ ধৰ্মপত্নীয়েই নাছিল ৷ তেওঁ আছিল গান্ধীজীৰ গুৰু ৷ গান্ধীজীয়ে 'আত্মকথা'ত নিজেই প্ৰকাশ কৰি গৈছে যে  তেওঁ সত্যাগ্ৰহৰ মন্ত্ৰ কস্তুৰবাৰ পৰাই পাইছিল  ৷ ঠিক সেইদৰে  কুৰি শতিকাত টলষ্টয়ৰ "য’তে প্ৰেম ত’তে ভগৱান" -এই আৰ্দশেৰে অনুপ্ৰাণিত হোৱা আৰু প্ৰেমৰ মাজত জীৱনৰ অৰ্থ বিচাৰি  পোৱা মমতাময়ী, শান্তিৰূপিনী, মহিয়সী নাৰী মাদাৰ টেৰেছা ৷ এইগৰাকী নাৰীৰ সেৱামূৰ্তিত প্ৰকাশ পাইছে মাতৃত্বৰ অনুপম আবেগ আৰু পৰিতৃপ্তি ৷ যাৰ কাৰণে পৃথিৱীৰ মানুহে অতি মৰমেৰে  শ্ৰুতিমধুৰ সম্বোধনেৰে মাতিছিল 'মাদাৰ' বুলি ৷ ধৰ্মানুৰাগ বা ভক্তিতকৈয়ো দুৰ্গত দলিত  মূমূৰ্ষজনৰ  প্ৰতি সেৱাৰ আকুল আহ্বানত হে মাদাৰে প্ৰতিষ্ঠা কৰিছিল  'চিষ্টাৰচ্ অব্ চেৰিটি' আৰু 'নিৰ্মল হৃদয়'ক ৷ শান্তিৰ নবেল বঁটা প্ৰাপক মাদাৰ টেৰেছাৰ ভাৱমূৰ্তি সমগ্ৰমাতৃসমাজৰ বাবে অক্ষয় বন্তি ৷
এইদৰে যুগে যুগে মাতৃসকলে সমাজৰ প্ৰতি দায়িত্ব  পালন কৰি আহিছে ৷ সাম্প্ৰতিক কালতো মাতৃসকলৰ  সমাজৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য অতি গুৰুত্বপূ্ৰ্ণহৈ পৰিছে ৷ সম্প্ৰতি সমাজবোৰলৈ লক্ষ্য কৰিলে দেখা যায়  সমাজত বিভিন্ন ধৰণৰ  অশান্তি  আৰু বিশৃংখলতাৰ সৃষ্টি হৈছে ৷ আজিৰ প্ৰজন্মই যেন হেৰুৱাই পেলাইছে মানৱতাবোধ আৰু নৈতিক প্ৰমূল্য ৷ নিতৌ সংঘটিত হৈছে অসংখ্য অপৰাধজনিত কু-কাৰ্য ৷ যুৱক- যুৱতীৰ উচ্ছৃঙ্খলতা , নিচাসক্ত দ্ৰব্যৰ  অবাধ বেহা-বেপাৰ, ধৰ্ষণ,  নাৰী নিয্যাতন  আৰু অসংখ্য  দুৰ্নীতিমূলক কাৰ্য ৷ এই  সকলোবোৰে দৈনিক কাকতৰ শিৰোনামা  দখল  কৰি আহিছে ৷ এইবোৰে সমাজলৈ কঢ়িয়াই আনিছে ভয়াবহ ভৱিষ্যতৰ আগজাননী৷
‌ সমাজৰ কল্যাণ আৰু উন্নতিৰ বাবে  সমাজৰ সকলো শ্ৰেণীৰ ভিতৰত  মাতৃসকলৰ  দায়বদ্ধতাই সৰ্বপ্ৰথম আৰু সৰ্বপ্ৰধান ৷ এগৰাকী মাতৃৰ ওপৰতে সন্তানৰ  ভৱিষ্যৎ নিৰ্ভৰ কৰে ৷ "Mother is the back bone of the child". মাতৃয়েই হৈছে শিশুৰ মেৰুদণ্ড স্বৰূপ ৷ শিশুৰ সৰ্বাংগীণ কল্যাণ সাধনৰ মুখ্য ভূমিকা লব পাৰে  মাতৃসকলে ৷ এটি শিশুক জন্ম দি লালনপালন কৰি সুস্বাস্থ্যৰ অধিকাৰী  কৰি তোলাটো মাতৃসকলৰ প্ৰধান ভূমিকা ৷ শিশুৰ দৈহিক বিকাশৰ লগতে মানসিক তথা বৌদ্ধিক বিকাশৰ  বাবে পৰিপুষ্টি যোগোৱাত  মাতৃৰ ভূমিকাই অধিক ৷ উপযুক্ত  শিক্ষাৰে শিক্ষিত হৈ  মাতৃয়ে  শিশুটিক   শিক্ষিত  কৰি তোলাৰ লগতে  পৰিয়ালটোকো শিক্ষিত কৰি তুলিব পাৰে৷ মাতৃসকল  শিক্ষিত হ'লে সমাজ তথা দেশৰ  প্ৰগতি সম্ভৱ হ'ব ৷ নেপোলিয়ন বোনাপাৰ্টে এষাৰ কথা কৈছিল, "মোক এগৰাকী ভাল মাতৃ দিয়া মই এখন সুস্থ  সমাজ দিম"৷
‌পৰিয়াল আৰু সমাজ জীৱনত  মাতৃৰ  ভূমিকা অপৰিহাৰ্য ৷ মাতৃসকলে পৰিয়ালৰ মুৰব্বী স্বৰূপ হৈ ঘৰখনৰ লক্ষ্মী স্বৰূপা হৈ ৰন্ধা- বঢ়াৰ লগতে  স্বামী, সন্তান  তথা পৰিয়ালৰ সকলো সদস্যকে শূশ্ৰূষা কৰি ঘৰখন পৰিচালনা  কৰাৰ লগতে ওচৰ চুবুৰীয়াৰ লগতো সু সম্পৰ্ক  বজাই  ৰাখে ৷
‌জাতীয় জীৱনত মাতৃসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷ জাতীয় জীৱনত  মাতৃসকল হ'ল মূল কেন্দ্ৰবিন্দু ৷ যি দেশৰ  নাৰী উচ্ছৃঙ্খল আৰু দুৰ্বল  হয় ৷ সেই দেশৰ প্ৰগতি কেতিয়াও সম্ভৱ নহয় ৷ শক্তিশালী জাতিৰ কাৰণে ভাল বা আদৰ্শ  নাৰীৰ প্ৰয়োজন ৷ সেইকথা দাৰ্শনিক হিটলাৰেও কৈ গৈছে  "Give me a good mother and I shall give you a good nation". ঐক্য সংহতি বজাই ৰাখি দেশ আৰু জাতিৰ কল্যাণৰ কথা মাতৃসকলে চিন্তা কৰিব লাগিব ৷ আমাৰ সমাজত সঘনাই ঘটি থকা  নাৰী নিয্যাতন, বিভিন্ন অপৰাধমূলক কাৰ্য, নাৰীক লৈ প্ৰচাৰ চলোৱা অশ্লীল  বিজ্ঞাপন , যৌতুক প্ৰথা  আদিৰ  নিৰ্মূলতো  মাতৃসকলে প্ৰধান পদক্ষেপ গ্ৰহণ কৰিব পাৰে ৷ নাৰীৰ সমস্যাবোৰ  প্ৰতিগৰাকী নাৰীৰ নিজৰ  সমস্যা ৷ নাৰীসকলে ইয়াৰ সমাধানৰ  পথ নিজে বাছি লব লাগিব৷
‌জাতীয় সংস্কৃতি অপচয় ৰোধ কৰাটো মাতৃসকলে ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ পাশ্চাত্যৰ অন্ধ অনুকৰণে আমাৰ জাতীয় সংস্কৃতিক ধ্বংসমুখী কৰি তুলিছে ৷ অসমীয়া সংস্কৃতিত দুষ্কৃতি সোমাই পৰি আজিৰ প্ৰজন্মক বিপথগামী কৰি তোলাৰ দৃষ্টান্তৰ অভাৱ নাই৷ মাতৃসকলে সন্তানক  সৰুৰেপৰা জাতীয় চেতনাৰে উদ্বুদ্ধ কৰি দেশ আৰু জাতিক  ভাল পাবলৈ শিকোৱাৰ লগতে নৈতিক প্ৰমূল্যসমূহকো অক্ষুণ্ণ ৰাখিবলৈ শিকাব লাগে ৷ অত্যাধুনিকতাৰ নামত ব্যৱহাৰ কৰা অমাৰ্জিতসাজ পোচাক পিন্ধা আৰু উচ্ছৃঙ্খল জীৱন যাপনৰ  পৰা আঁতৰাই ৰাখি সু-সংস্কৃত  মনৰ অধিকাৰী কৰি গঢ় দিব পাৰিলেহে সমাজত সুস্থ বাতাৱৰণৰ সৃষ্টি হ’ব ৷
‌পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবেও মাতৃসকলে  অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ যান্ত্ৰিক যুগৰ কদৰ্যতাৰ পৰিৱেশে সমাজত যি প্ৰদূষণৰ সৃষ্টি কৰিছে ৷ সেউজীয়া অৰণ্যখনি মৰুভূমিত পৰিণত হোৱাৰ অৱকাশ হৈছে ৷ সেইকথা সমাজৰ সকলো শ্ৰেণীৰ লগতে মাতৃসকলেও চিন্তা কৰাৰ সময় আহি পৰিছে ৷ প্ৰদূষণৰ পৰা ৰক্ষা পাবৰ বাবে নিজৰ শিশুটিৰ লগতে পৰিয়ালৰ লোককো পৰিৱেশ চাফ্-চিকুণকৈ  ৰখাৰ প্ৰতি সচেতন কৰোৱা উচিত ৷
‌নাৰী অসীম  শক্তিৰ  আধাৰ ৷ নাৰীয়ে মাতৃ ৰূপত  মহানুভৱতাৰে সমগ্ৰ বিশ্বত বিলাব পাৰে শান্তিৰ মহামন্ত্ৰ আৰু গঢ়ি তুলিব  পাৰে ঐক্য-সম্প্ৰীতি৷ নাৰীৰ এহাতত অমৃত আৰু আনটো হাতত বিহ ৷ নাৰীয়ে জাতিটোক ৰক্ষা কৰিবও পাৰে আৰু ধ্বংসও কৰিব  পাৰে ৷ প্ৰতিগৰাকী মাতৃয়ে স্নেহ, প্ৰীতি, ত্যাগ, ধৈৰ্য, সহনশীলতাৰে সমাজখন সুন্দৰ ৰূপেৰে সজাই তুলিব পাৰে ৷ সাম্প্ৰতিক সমাজৰ অসূয়া অশান্তি আৰু উচ্ছৃংখলতাৰ বিনাশ ঘটাই  শান্তি প্ৰতিষ্ঠা কৰিবলৈ মাতৃসকলে প্ৰয়াস কৰিব লাগিব ৷ মাতৃজাতিৰ মাজতে জাগ্ৰত হওক এক মহান শক্তি ৷ যি  শক্তিয়ে  সমাজৰ  অশুভ শক্তিক  ধ্বংস কৰি গঢ়ি তোলক এখন সুস্থ সবল  সুন্দৰ সমাজ ৷ 


পৃষ্ঠা ৯
ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন

দুৰ্গেশ্বৰ শইকীয়া
মাজুলী, ভ্ৰাম্যঃ 9678248767

যোৱা সংখ্যাৰ পিছৰ পৰা
           নগৰৰ কলেজখনৰ প্ৰবক্তাৰ পদৰ কাৰণে সাক্ষাৎকাৰ দিবলৈ পিছ দিনাই সুখৰ এক মধুৰ স্বপ্নৰ পম খেদি আগবাঢ়িব পৰা স্বপ্নাৰ অলক্ষিতে যেন নিয়তিয়ে তাচ্ছি‌লৰ হাঁহি মাৰিছিল ।
          সময়মতে সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল তাই । সাতজন প্ৰাৰ্থীৰ ভিতৰত তাৰেই সৰ্বোচ্চ নম্বৰ আছিল । অন্যহাতে এই,পি, এছ,চিতো তাই উত্তীৰ্ণ হোৱা প্ৰাৰ্থী । তাইৰ ব্যৱহাৰ , কথা বাৰ্তা , মাৰ্জিত বেশ ভূষা সকলোৱে সন্তুষ্ট কৰিছিল সাক্ষাৎ লওতা সকলক । সাক্ষাৎকাৰ শেষ হোৱাত সকলোৱে কৃতজ্ঞতা জনাই ওলাই আহোঁতে চেয়াৰ মেন জনে কৈছিল চাহৰ পাৰ্টি দিবলৈ সাজু হৈ থাকিবলৈ । মাত্ৰ নিয়ম অনুসৰি ফলাফল ঘোষণা কৰাৰ আনুষ্ঠানিকতা খিনি মাত্ৰ বাকী আছিল । তেওঁ লোকেই জনাইছিল যে এদিনৰ পাছতে ফলাফল ঘোষণা কৰা হʼব । 
            ওলাই আহি তাই ভাবিলে নগৰৰ উপকণ্ঠ অঞ্চল এটাত থকা সম্পৰ্কীয় পেহীয়েকৰ ঘৰলৈকে যাব নেকি ? ঘৰৰ পৰা আকৌ অহাতকৈ এদিন থাকি ফলাফলটো লৈ যোৱাই বুদ্ধিমানৰ কাম হʼব ফুৰাও হʼব । অনিশ্চয়তা আৰু নিশ্চয়তাৰ দুদোলমান ভাৱ এটাইও তাইক জুমুৰি দি ধৰিলেহি । আজিৰ যুগত চাকৰি এটা পাবৰ কাৰণে ঘোচ দিয়া নতুবা ৰাজনৈতিক নেতা পালি নেতাৰ অঙহী-বঙহী কিবা এটা হʼব লাগিব । সেইতো অৰ্হতা বুলিয়েই ধৰিব পাৰি । প্ৰথমটো অৰ্হতা তাইৰ দেউতাকৰ আছে যদিও তাইৰ বিবেক বিৰুদ্ধে সেই কাম নকৰিবলৈ তাই দৃঢ় প্ৰতীজ্ঞ । দ্বিতীয়তো অৰ্হতা তাইৰ নাই । অৱশ্যে প্ৰকৃত সৎ মানুহ একেবাৰে নোহোৱা নহয় । তেনে প্ৰকৃতাৰ্থত সৎ মানুহ কমকৈ থকাৰ বাবেই সমাজ দেশ একোখন বৰ্তি আছে । কথাবোৰ ভাৱি ভাৱি তাই গৈ থাকিল । কলেজ চৌহদটোৰ পৰা বাছ আস্থানটোলৈ বুলি ৰাওনা হ'ল । 
           অলপ সময়ৰ পাছতে পেহীয়েকৰ ঘৰৰ ফাললৈ যোৱা চিটি বাছ এখনত আৰু বাছে লক্ষ্য স্থানলৈ গতি কৰিলে । 
          পিছ দিনা তাই পেহীয়েকৰ ঘৰত জিৰণি লʼলে । তাৰ পিছদিনা সোনকালে খাই বৈ উঠি তাই নগৰলৈ অহা চিটি বাছেৰে আহি আকৌ বাছ আস্থানত নামিলহি । ঘড়ীটোলৈ চালে দহ বাজিছেহে । ইয়াৰ পৰা কলেজৰ দূৰত্ব বেছি নহয় । প্ৰায় ডেৰ কিলোমিটাৰ মানুহে হʼব । তাই খোজকাঢ়িয়েই যোৱাৰ কথা ভাবিলে আৰু লাহে লাহে কলেজখনলৈ বুলি খোজ পেলালে । মনত এক উদ্বিগ্নতা । তাই গৈ যেতিয়া কলেজৰ গেটৰ  ওচৰ পালেগৈ তাৰ পৰাই দেখিলে কাৰ্যালয় কোঠাৰ সমুখৰ জাননী ফলকৰ ওচৰত ইতিমধ্যে ভালেকেইজন গোট খাই চাই আছে । ওচৰ পাই তাই ধৰিব পাৰিলে । সকলোখিনি তাইৰ লগতে সাক্ষাৎ কৰি দিয়া প্ৰাৰ্থী । সাক্ষাৎকাৰ দিয়া প্ৰাৰ্থী কেইজনৰ আটাইকেইজনে তাই মনোনীত হোৱাৰ সুখবৰটো দি স্বাগতম জনালে । বিশ্বাস অবিশ্বাসৰ দোমোজাত তাই ফলকখনৰ কাষ চাপি গʼল আৰু চাই পঠিয়ালে । সঁচাই তাই মনোনীত হৈছে । তাইৰ পৰা চাহ মিঠাইৰ প্ৰতিশ্ৰুতি লৈ সিহত আঁতৰি গ'ল । যাবৰ সময়ত আকৌ স্বাগতম জনাই গ'ল । তাইয়ো ধন্যবাদ জনালে । 
             স্বপ্না যাবলৈ ওলাল । টিকেট ঘৰৰ সমুখ পায় মানে তিনি বজাৰ শেষ বাছখনে সদৰ ৰাস্তাত উঠিলগৈয়ে । হেৰীৰ সময়লৈ মাত্ৰ আধা ঘন্টা । ল'ৰা লৰিকৈ তাই আন এখন অটʼৰ ফালে আগবাঢ়িল । অটʼত উঠাৰ পাছত অটʼখনে নিমাতী ঘাট অভিমুখে ঢাপলি মেলিলে । 
         তীব্ৰ বেগে অটʼই গতি কৰিছে । স্বপ্নাৰ মনৰ বেগ তাতোকৈও তীব্ৰ বেগে গতি কৰিলে গাঁৱৰ ফালে । ঘৰৰ সকলোকে তাই চাকৰিটো পোৱাৰ কথা জনোৱাৰ উদ্বিগ্নতাত তাই যেন চঞ্চল হৈ পৰিছে । চঞ্চল হৈ পৰিছে মোহনক লগ পাবলৈ ......। "মোহনটোৱে বাৰু খবৰটো দিওঁতে কেনেকুৱা কৰিব ?ʼʼ ভাৱৰ জোঁৱাৰত তাই আপোন পাহৰা হৈ পৰিল । 
           ‌তীব্ৰ বেগী অটʼখনে ৰাষ্ট্ৰীয় ঘাই পথৰ বাই পাছ অতিক্ৰম কৰিব খুজিছে । হঠাৎ এক প্ৰচণ্ড জোকাৰণি সীমাহীন এসোপা আন্ধাৰ । একো তৎ ধৰিব নোৱাৰিলে স্বপ্নাই । 
          পূব দিশৰ পৰা আহি থকা মালবাহী ট্ৰাক এখনত খুন্দা মাৰি লুটি বাগৰ খাই পথৰ কাষত পৰি গৈছিল অটʼখন । মানুহ জুম বান্ধিলে । পুলিচক খবৰ দিয়া হʼল । হুৱা-দুৱা‌লাগি পৰিল নিমিষতে । পুলিচ আহিল , তেজেৰে তুমুৰলি গাড়ী চালক আৰু স্বপ্নাক ততাতৈয়াকৈ জন নায়ক দেৱেশ্বৰ শৰ্মা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হ'ল।
আগলৈ...


পৃষ্ঠা ১০

অভিশ্ৰুতি

চয়নিকা বৰুৱা
যোৰহাট, ভ্ৰাম্য ঃ 9706269100


খণ্ড ৯


•আপুনি কেতিয়া আহিলে মেম্ ?
•১০ মিনিট মান হৈছে চাগে।খবৰ পালো তোমাৰ হেনু দৰা ওলাইছে..সেইবাবে তোমাৰ ওচৰ পাই গ'লোহি।
•অহ...ভালেই কৰিলে মেম্।মেম্ আপুনি অলপ মাৰ লগত কথা পাতকচোন মই ভিতৰৰ পৰা আহো।
(কথাকেইটা কৈ মই শুৱা ৰুম পালোগে...নিজকে ৰখাব নোৱাৰিলো মই..মোৰ চকু দুটিৰে অহৰহ্ চকুপানী বৈ আহিছে।কিন্তু এই চকুৰ পানী কিহৰ কাৰণে??মোক চাবলে ল'ৰা আহিব সেই কাৰণে নে অভিক মই নজনাকৈয়ে ইমানেই ভাল পাই পেলালো যে আনে মোক চাবলৈ অহাও সহ্য কৰিব পৰা নাই ..সেই কাৰণে?মোৰ মনত এতিয়া হাজাৰ প্ৰশ্ন কিন্তু সেই প্ৰশ্নবোৰৰ উত্তৰ হ'লে শূণ্য।নিৰাশায়ে আৱৰি ধৰিছেহি মোৰ মনতো...)
ক্ৰিং ক্ৰিং
...
ক্ৰিং ক্ৰিং.........
(ইমান কোনে ফোন কৰিছে বুলি মবাইলতো চাইছো..দেখা পালো অভি...ভয় খাইছো তেওঁ আজি মোক লগ কৰিবলৈ মাতিছিলে..মই কেনেকৈ যাও বাৰু কি কৈ যাম ঘৰত...ভয়ে ভয়ে ফোনতো ৰিচিভ কৰিলো..)
•Hello..miss...
•hmmm
•তুমি এতিয়া আৰু আহিব নালাগে।
(কথাতো কৈ ফোনতো কাটি দিলে..কিন্তু মই হ'লে বেয়া নাইপোৱা..ভাল পাইছো কাৰণ তেওঁ মোক নিজেই ক'লে আহিব নালাগে বুলি...এতিয়া আৰু চিন্তা নাই........
.........কিন্তু তেওঁ নালাগে বুলি কোৱাৰ কাৰণ কি???মনত আকৌ এক নতুন প্ৰশ্নই বৰকৈ আমনি কৰিলে..)
•বা...অ..বা...
•কি
•তোক মায়ে চাহৰ যোগাৰ কৰিবলৈ কৈছে..তই চাহ যোগাৰ কৰিবি হা..মই ৰিম্পিৰ ওচৰৰ পৰা আহো।
(কথাতো কৈ তাই ৰৈ নাথাকিল...হুহু..কিযে হ'ব আৰু এইৰ..মইয়ো যে আৰু দেই কিনো কথাবোৰ ভাবি আছো...কেনেকৈ পাহৰিলো বাৰু বাইদেউ বহু দিনৰ মূৰত আমাৰ ঘৰ আহিছে..মই চাহৰ যোগাৰ কৰাই নাই এতিয়া লৈকে..)
•মাজনী চাহ হৈছে নে?
•হ'ল মা।
•লৈ আহিব পাৰিবা নে?মই যাব লাগিব নি?
•নাই মা নালাগে...বাইদেউ চাহ খাব।আইতা এইয়া লোৱা তোমাৰ চেনি নিদিয়া চাহ..তুমি আকৌ গুৰেৰে হে চাহ খায় ভাল পোৱা।মা এইয়া লোৱা তোমাৰ চাহ কম চেনি দিয়া।জেঠাই এইয়া তোমাৰ গাখীৰ নিদিয়া চাহ।দেউতা এইয়া লোৱা তোমাৰ প্ৰিয় চাহ কাপ...গাখীৰ,চেনি সমানে দি বনোৱা।
•আৰু আমাৰ চাহ?
•আৰে মাহী..তোমালোক কেতিয়া আহিলা..আহা আহা ভিতৰলৈ আহা...
•আমি এতিয়া আহিছো..আহিয়েই দেখিছো আমাৰ মাজনীয়ে ইমান সুন্দৰকৈ সকলোৰে পচন্দৰ মতে চাহ বনাই খোৱাইছে।আমাৰ পচন্দৰ চাহ কাপ পামনে?
•পাবা পাবা...তোমাৰ চেনি নিদিয়া চাহ..আৰু সৰু মাহীৰ আদা দিয়া চাহ।হুহু..হুহু..তোমালোক অলপ সময় বহা মই এতিয়াই চাহ বনাই আনোগৈ।
•চাহ আমালৈও বনাবি...পোৱালি।
(দাদা আহিছে..আৰু দাদাৰ লগত সেইয়া.....
....সেইয়া অভি দেখোন...তেওঁ আহিছে যে।অহ...এতিয়া বুজিছো তেওঁ কিয় মোক লগ কৰিব নালাগে ক'লে..কাৰণ তেওঁতো আমাৰ ঘৰয়েই ওলালহি আহি)
•আহ..তহঁতিও অলপ বহ তেন্তে।
(সকলোৰে পচন্দৰ মতে চাহ বনাই খোৱালো।সকলোৱে মই বনোৱা চাহৰ সলাগ ল'লে।কিন্তু মোৰ হ'লে সেই বোৰত অলপো মন বহা নাই...মোৰ মন কেৱল তেওঁ কি কৰি আছে তাত হে...চাও নাচাও কৈ তেওঁৰ ফালে চালো।তেওঁ হাঁহি হাঁহিয়েই মাহঁতৰ লগত কথা পাতি আছে।সৰু মাহীয়ে বাৰে বাৰে তেওঁক সুধি আছে তেওঁ কাইলৈ আহিব নে আমাৰ ঘৰ।...কিয় বাৰু মাহীয়ে তেওঁক এইবোৰ সুধি মনত কষ্ট দিছে কিয়???মই হ'লে তাত আৰু অলপ সময়ো ৰৈ নাথাকিলো চিধাই ভিতৰৰ ৰুম পালোহি...আহি পাওতেই মোবাইলতোলে এটা মেচেজ আহিল..মেচেজতো তেওঁৰ..মেচেজতোত লিখিছে...)
• ৫ মিনিটৰ ভিতৰত মোক তোমালোকৰ পাছফালে লগ কৰা...miss...
(মই ৰৈ নাথাকিলো...লগা লগ পাছফাল পালোগে...গৈ দেখিলো তেওঁ অকলে নাই..দাদাকো লৈ গৈছে।দাদাক আনিছে ভালেই কৰিছে...কোনেও একো সন্দেহ নকৰে)
•ঋতু..
•ওম মই অলপ আতৰত আছো তহঁতি পাতি ল যি পাতিব লগা আছে।
•miss...কাইলৈ তোমাক চাবলে অহা ল'ৰা জনৰ নামতো জানানে?
•নাজানো।
•তোমাক এটি খৱৰ দিব লগা আছে ।
(এনে কি কথা আছিল যি কথা তেওঁ মোক পাছফালে আহি ক'বহি লগা হ'ল)
•কি হ'ল miss
•একো নাই..কওক কি কথা।
•কাইলৈ তোমাক চাবলে আহিব খোজা ল'ৰা জনক তোমাৰ মায়ে আহিব মানা কৰিলে।
•কিহ....????
(মনত এক বুজাব নোৱাৰা আনন্দ।কিন্তু প্ৰশ্ন হ'ল কিয়...?মায়ে এনে কৰাৰ কাৰণ কি???আৰু ল'ৰাজন যদি নাহেই..তেন্তে মাহঁতে কাৰ কাৰণে অপেক্ষা কৰি আছে???মনত বহুত প্ৰশ্ন?উপাই নাপায় তেওঁকে সুধিলো..)
•কিয়????
•গম পাইছো তোমাক বেলেগ এজনে চাবলে আহিব..আৰু তেওঁক তোমাৰ মায়ে মানা কৰিব নোৱাৰিলে..কাৰণ সেই ল'ৰাজন তোমাৰ মাৰ সৰু কালৰ বান্ধৱী এগৰাকীৰ ভাগিনীয়েক।মই শুনা মতে তেওঁৰ লগত বিয়া তোমাৰ থিকেই কৰি দিছে...মাথো তুমি সন্মতি দিয়ালৈ বাট চাইছে...।তোমাৰ মায়ে কৈছে তুমি হেনু কেতিয়াও না নোকোৱা ল'ৰাজনক।
(কি শুনিলো মই...মনত আনন্দেৰে নভৰা হৈছিলহে মাথো...হৰ্ঠাৎ ধুমুহা এজাক আহি সকলো থান-বান কৰিথৈ গ'ল।মোৰ কৈ দিব মন গৈছিল মই যে তেওঁক ভাল পাও...কিন্তু মোৰ হ'লে সাহস নহ'ল।তেওঁ মোক কৈছিল বাৰে বাৰে কিবা ক'ব লগা আছে যদি কৈ দিয়া এতিয়াও সময় আছে নহ'লে পলম হ'ব..কিন্তু নাই মোৰ হ'লে সাহস নহ'ল।...কথাখিনি ভাবি থাকোতে তেওঁ চিঞৰিলে)
•Hey miss..কাইলৈ ময়ো আহিম..আজি যোৱাৰ আগত তোমাক কৈ থৈ যাও miss
(লাহে লাহে মোৰ কাষলে আহিল...লাহেকৈ মোৰ কাণখনত ক'লে..)
•miss srutishna...I LOVE YOU...
..ধক্ ধক্...
(কি কৈ দিলে তেওঁ...এনে সময়ত ক'লে যে মই তেওঁক ক'বও নোৱাৰা হ'লো......
I LOVE YOU TOO  abhisrut..
....লাহে লাহে তেওঁ মোৰ কাষৰ পৰা আতৰি গ'ল..এবাৰ পিছলৈ ঘূৰি মোক পুনৰ ক'লে..)
• তোমাৰ উত্তৰলে মই অপেক্ষা কৰিম...মোক উত্তৰতো কাইলৈ মাহঁতৰ আগতে দিবা....।তুমি চাগে ভাবিছা কেনেকৈ দিবা উত্তৰতো মাহঁতৰ আগত..মই কৈছো শুনা...কাইলৈ চাবলে অহা ল'ৰা জনক Yes or No...উত্তৰতে মই তোমাৰ উত্তৰ পাই যাম miss...কাৰণ কাইলৈ মইয়ো আহিম।
(কথাখিনি কৈ তেওঁ গ'লগৈ...মাহীহঁত নগলে....মই মোৰ ভাৱনাৰ সাগৰত ইমানেই ডুব গ'লো কেতিয়ানো প্ৰাৰ্থনা কৰিব হ'ল গ'মেই নাপালো।আন দিনাৰ দৰে সকলোৱে প্ৰাৰ্থনা কৰি ভাতৰ যোগাৰ কৰিলো...আজি ভাত সোনকালেই হ'ল..ভাত খায় মই শুবলে আহিলো।মোবাইলতো চালো..নাই ফোন মেচেজ একো নাই।মনতোক বহুত বুজাই নিজেও শুবলে চেষ্টা কৰিলো।.....
.....ৰাতিপোৱা শুই উঠি দেখো মাহঁতে ঘৰৰ সকলো কাম কৰি আজৰি হৈছে..মোক কৈছে মায়ে...)
•মাজনী যোৱা গা-ধুই লোৱা..তেওঁলোক তিনিআলি পালেহিয়েই...।
(জীয়তো যাও যাও যেন হ'ল...।মোবাইলতো চালো..নাই তেওঁৰ ফোন মেচেজ একো নাই...।গা-ধুই আহি ভিতৰ আহিলো।মাহীয়ে নিজ হাতেৰে মোক চাদৰ-মেখেলা পিন্ধাই দিছে।অলপ সময়ৰ পাছতেই গাড়ীৰ মাত শুনিলো।বুকুখন কিবা কিবি লাগিছে...২০ মিনিট মান হ'ল আলহী অহা..বাৰে বাৰে ফোনতো চাইছো..নাই তেওঁৰ ফোন মেচেজ নাই...মনতো সেমাকি গ'ল।...)
•মাজনী ওলাই আহা।
(মাৰ মাতষাৰত চক্ খালো।মাহীয়ে চাহৰ ট্ৰেখন মোৰ হাতত তুলি দিলে।এখোজ দুখোজ কৈ..যাও-নাযাও খোজেৰে মই আলহীৰ ওচৰ পালোগৈ।চাহৰ ট্ৰেখন থ'লো।নাই কাৰো মুখলৈ চোৱা নাই মই..সকলোৱে কথা পাতি আছে মই নিমাত হৈ বহি আছো।এনেতে এটি অচিন মাতৰ মানুহ এগৰাকীয়ে ক'লে...)
•এতিয়া ল'ৰা - ছোৱালীয়ে অকলে কথা পাতি লওঁক।
(সকলোৰে কথাৰ মতে মই আৰু সেই অচিন ল'ৰাজন আগফালে গ'লো।মোৰ কিন্তু মন নগ'ল তেওঁক চাবলে।বহুত সময় ৰৈ আছো..কোনেও একো কোৱা নাই।অৱশেষত মই চল্-চলিয়া চকু দুটিৰে সেই অচিন ল'ৰা জনলৈ চালো....
...মোৰ চকু পানী আৰু ৰৈ নাথাকিল... ধাৰাষাৰে বৈ আহিল চকুৰ পানীবোৰ...)
•কি হ'ল?কিয় কান্দিছা?????

আগলৈ.....


পৃষ্ঠা ১১

অণুগল্পঃ

বিলাসিতা

হেমা চৌধুৰী গগৈ
গোলাঘাট, ভ্ৰাম্য ঃ 7002961362

'বাইদেউ কিতাপ কিনিলে নে?' গ্ৰন্থমেলাত মালতীয়ে তাইৰ মালিকনী মিচেচ শইকীয়ানীক দেখি মাত লগালে।
'নাই কিতাপ নাই কিনা। কাপোৰ দুযোৰমানহে ল'লোহি। পিছে তইনো ইয়াত কি কৰিছহি? আজি পোৱা টকাকেইটা কাপোৰৰ দোকানীক দিলিহি হ'বপাই?' শইকীয়ানীয়ে অলপ ইতিকিং কৰাদি ক'লে মালতীক।
'নহয় বাইদেউ ল'ৰা-ছোৱালী দুটায়ে বহুদিনৰ পৰা গ্ৰন্থমেলা হ'ব বুলি দুই এটকা গোটাই গৈছিল। ময়ো তাতে দুটকামান দি সিহঁতৰ পচন্দৰ কিতাপ দুখনমান কিনি দিলো। আমিতো যেতিয়াই তেতিয়াই সিহঁতক এইবোৰ লাগে বুলিলে দিব নোৱাৰো।' মালতীয়ে বৰ হেঁপাহেৰে কিতাপৰ মোনাটো মালিকনীৰ আগত দাঙি ধৰিলে।

মৰমৰ টোপোলা

ক্ষীৰোদ হাজৰিকা 
বুঢ়া গাঁও

        মাকৰ হাতলৈ মনে সদায় চায় । কিবা বস্তু আনিছে নেকি ?  কিন্তু মাকৰ হাতত প‌ইচা নাই ,  কিনো আনিব তাই , মাত্ৰ চাউল আধা কিলো , আলু আৰু দাইল একপোৱা  । 
         হঠাৎ মাকে যেন হাতৰ টোপোলাটো দিবলৈ মনক বিচাৰি ফুৰিছে । মনৰ ফুলেৰে আৰি থোৱা ফটোখনৰ ফালে মাকে টোপোলাটো আগবঢ়াই দিলে ।
          মাকে চিঞৰি ক'ব খুজিলে, প্ৰতিবাদৰ ভাষা মই বুজি নাপাওঁ। মোক মোৰ মৰমৰ আঁচলৰ টোপোলাটো ঘূৰাই দে ! 
 

অকৃতজ্ঞ

মামণি ডেকা

… 'সমস্ত গহণা মোৰ পুত্ৰই হে দিয়া' - বুলি শাহুৱেক বিমলাই কোৱা কথাটোতে জেদ ধৰি অনিতাই গিৰিয়েক ৰমেনৰ লগত চহৰলৈ গুচি গ'ল৷ নাতি দুটাক বিমলাই এবাৰ চাবলৈ হেঁপাহ কৰি থকাৰ সময়তে সন্তান দুটাক লগত লৈ ৰমেন-অনিতা গাঁৱৰ ঘৰ ওলালহি। নাতি আৰু পো-বোৱাৰীক পাই উগুল-থুগুল হৈ থকা বিমলাক যেতিয়া অনিতাই ৰাতি খাবৰ পৰত উকিলৰ পৰা লিখি অনা ঘৰ-সম্পত্তিৰ কাগজখনত চহীটো কৰিবলৈ আগুৱাই দিলে; বিমলাই নি:শব্দে টিপচহীটো কৰি সকলোৱে দেখাকৈ নিজৰ তলপেটটোতে জোৰেৰে ভুকু এটা মাৰিলে ।

প্ৰতিক্ৰিয়া

ময়ুৰী ভট্টাচাৰ্য বৰুৱা
টিয়ক,  যোৰহাট

   শুই উঠিয়েই সৰু ল'ৰাটোৱে ইমানকৈ মাতি আছে, আইতাকৰ গোমোঠা মুখ খনে এষাৰ মাত নিদিয়াকৈ থাকিল।পাছদিনা খন ৰাতিপুৱা নাতিনীয়েকক মাতি মাতি ও মাত নোপোৱাত ,মানুহ মাতিব নাজান নেকি এইবুলি কবলৈহে পালে ,ছবছৰীয়া নাতিয়েকে তপৰাই ক'লে তই কালি মাতিছিলি জানো?


পৃষ্ঠা ১২
এক মিনিটৰ গল্পঃ

ধনীৰামৰ চিন্তা

( সঁচা কাহিনীৰ আলমত )

জেপোলিন ৰাজকুমাৰী 
নাজিৰা

নামটোহে মাক -বাপেকে ধনীৰাম দিলে ৷ পত্নীসহ ছটা ল'ৰা আৰু এজনী ছোৱালীৰে বৃহৎ সংসাৰখন চলাই নিবলৈ ধনীৰামৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে ৷ পিছে ডাঙৰটো ল'ৰা ৰাতুলে ঘৰখনৰ অৱস্থাটো দেখি ঊনৈশ বছৰ বয়সতে নিষিদ্ধ ঘোষিত সংগঠন এটাত যোগ দিবলৈ গুচি গ'ল ৷মাজুটো ল'ৰা দীপকো কম বয়সতে চহৰৰ চাহ- ভাতৰ হোটেল এখনত লগুৱা খাটিবলৈ গুচি যোৱাৰে পৰা হাজিৰা কৰি ঘৰ চলোৱা ধনীৰামে অলপ হ'লেও কিবা এটা সকাহ পোৱা যেন লাগিছে ৷ সি শুনিবলৈ পাইছে, নিষিদ্ধ ঘোষিত সংগঠনত থাকিলে বোলে মাৰণাস্ত্ৰৰ উপৰি হাততো যথেষ্ট টকা পায় সাংগঠনিক কামৰ বাবে ৷ ইয়াৰ উপৰি নতুন নতুন সাজ-পোচাক, জোতা , বেগ, টুপী ইত্যাদি... আৰু দীপকৰ কাৰণেও এতিয়া চিন্তা কৰিবলগীয়া কাৰণ নাই ; যিহেতু হোটেলত কাম কৰাৰে পৰা সি অন্ততঃ দুবেলা দুসাঁজ পেট ভৰাই খাবলৈ পাইছে ৷ দৰমহাৰ বাবদো চলিব পৰাকৈ মালিকে  কিবা দিছে ৷ 
বাকী পত্নীসহ চাৰিটা ল'ৰা আৰু এজনী ছোৱালীক পেট ভৰাই এসাঁজ খুৱাব পৰাটোহে এতিয়া ধনীৰামৰ একমাত্ৰ চিন্তা ৷ অথচ এজনী ছোৱালীৰ আশাত ছয়টাকৈ ল'ৰা জন্ম দি আজিৰ এই লাওলোৱা অৱস্থাৰ বাবে ধনীৰামে নিজকে হেজাৰবাৰ দোষী সাব্যস্ত কৰে ৷



পৃষ্ঠা ১৩

মমতা

শ্ৰী পল্লৱী কৌশিক শৰ্মা
ডিমৰুগুৰি, নগাঁঁও

পাৰতে বহি ভাৱ বিভোৰ হৈ পৰা গৰিমাই  পুখুৰীটোৰ পানীত জপঙকৈ কিবা এটা পৰাৰ শব্দত সচকিত হৈ উঠিল  । তাইৰ কাষতে ঘাঁহ পাগুলি শুই থকা ছাগলীজনীয়ে শব্দটো অনুসৰণ কৰি পানীখিনিলৈ চাই  পুখুৰীটোৰ চাৰিওফালে বেবাই বেবাই দৌৰিবলৈ ধৰিলে। গৰিমাই তেতিয়াহে মন কৰিলে , ছাগলীজনীৰ পাঁচদিনীয়া পোৱালীটো কাষত নাই।  নিজৰ পেটটোত হাত ফুৰাই লৰালৰিকৈ পুখুৰীটোত জাঁঁপ দিলে তাই । ছাগলী পোৱালীটোক বচাবই লাগিব । এমাহ আগতে মাতৃত্বৰ অনুভৱেৰে  মহীয়ান কৰা তাইৰ এবছৰীয়া সপোনও এই পুখুৰীৰ পানীখিনিতে এইদৰে জপঙকৈ পৰিছিল। পিঠিতে চাদৰ এখনেৰে মেৰিয়াই বান্ধি ,কাপোৰ ধুই থাকোতে কেনেকৈ নো জানো চাদৰৰ বান্ধটো খোল খাই গৈছিল ..!   পুখুৰীৰ দ' পানীত ককবকাই উঠা সপোনক গৰিমাই  তুলি আনিছিল যদিও পাৰলৈ আহি নিথৰ হৈ পৰিছিল সপোনৰ দেহ । তাইৰ বুকু উদং কৰি জীৱনমুখী সপোন কিছুমান দেখুৱাই সপোনৰ দেশলৈ গুচি গৈছিল তাইৰ সপোন ।
পুখুৰীত জাপ দি ছাগলী পোৱালীটো বিচাৰি ৰাউচি জুৰি কান্দিবলৈ ধৰিলে গৰিমাই... সপোন ঐ.. ঐ সপোন.. মই আহিছো অ'..। তোৰ একো হ'বলৈ নিদিওঁ অ' মই..। 


পৃষ্ঠা ১৪

অনুবাদ কবিতা ঃ

আদিম ভূ-দৃশ্য

(Aboriginal Landscape by Luise Gluck)

অনুবাদ:
প্রাণকৃষ্ণ গোস্বামী
গুৱাহাটী

তুমি তোমাৰ দেউতাৰাক গছকি আছাঁ,মোৰ আয়ে ক'লে
আৰু সচাঁকৈয়ে মই সুন্দৰকৈ কাটি থোৱা এখন ঘাঁহৰ দলিচাৰ
ঠিক সোঁ মাজতে থিয় হৈ আছিলোঁ,যিখন হয়তো আছিল মোৰ  দেউতাৰ কবৰস্থান,যদিও তাত তেনে কোনো শিলৰ ফলক নাছিল ৷
তুমি তোমাৰ দেউতাৰাক গছকি আছাঁ,তেওঁ দোহাৰিলে,
এইবাৰ অলপ ডাঙৰকৈ, যিটো মোৰ আচৰিত লাগিল ৷
যিহেতু তেওঁ নিজেই মৃত,আনকি ডাক্তৰেও এই কথা মানি লৈছে
মই অলপ দাঁতিলৈ গ'লো,য'ত মোৰ
দেউতা শেষ হ'ল আৰু আই আৰম্ভ হ'ল ৷
কবৰস্থলীখন নিস্তব্ধ আছিল,গছবোৰৰ মাজেৰে বতাহ বলিছিল
মই শুনিছিলোঁ,কেইশাৰীমান আঁতৰত কাৰোবাৰ কান্দোনৰ ক্ষীণ শব্দ আৰু তাৰ সিপাৰে,এটা কুকুৰৰ ভুকনি ৷
অৱশেষত এই শব্দবোৰ শাম কাটিলে ৷ মোৰ মনত খেলালে 
কোনোবাই মোক ইয়ালৈ লৈ অহাৰ স্মৃতি মোৰ মনত নাই,
যি ঠাই এতিয়া কৱৰস্থান,সম্ভৱত: এখন উদ্যান অথবা উদ্যান নহ'লে
এখন সুগন্ধিত ফুলনি বা কুঞ্জবন, মই এতিয়া অনুভৱ কৰিছোঁ,
গোলাপৰ সুগন্ধিভৰা মলয়াত জীৱনৰ মিঠা সোৱাদ 
প্ৰৱাদত কোৱাৰ দৰে ৷ এসময়ত,
মোৰ মনত ভাব হ'ল মই অকলশৰে আছোঁ ৷

আনবোৰ ক'লৈ গ'ল,
মোৰ সম্বন্ধীয়া ভাই আৰু ভনী কেইটলীন আৰু এৱিগাল?
ইতিমধ্যে পোহৰ শেষ হৈছে ৷ আমাক ঘৰলৈ নিবলৈ ৰৈ থকা গাড়ীখন ক'ত আছিল?

তেতিয়াই মই আন এক কোনো বিকল্প বিচাৰিব ধৰিলোঁ ৷
মোৰ ভিতৰত এক ব্যগ্ৰতা অনুভৱ কৰিলোঁ,যিটোক মই ক'ম উৎকণ্ঠা ৷
অৱশেষত, ভালেদূৰত এখন সৰু ৰে'লগাড়ী যেন দেখিলোঁ,
এনে লাগিল গছ-লতাৰ আঁৰত ৰৈ আছে,পৰিচালকজনে
দুৱাৰমুখত অহা-যোৱা কৰি আছে-এটা চিগাৰেট হুপি ৷
মোক নাপাহৰিবা,মই চিঞৰিলোঁ - এতিয়া দৌৰি দৌৰি
বহুভাগ মাটি পাৰ হৈ বহুতো মা-দেউতাৰ ওপৰেদি
শেষত যেতিয়া তেওঁৰ ওচৰ পালোগৈ,মই চিঞৰিলোঁ,মোক নাপাহৰিবা ৷
মহোদয়া,ৰে'ল পটী কেইদাললৈ আঙুলিয়াই তেওঁ ক'লে,
তুমি নিশ্চয় বুজিছা যে এয়ে শেষ,ৰে'লপথটো আৰু  আগলৈ নাযায় ৷
তেওঁৰ কথাকিটা ৰুক্ষ আছিল অথচ তেওঁৰ চকুত দয়াৰ ভাব,
সেয়াই মোক সাহস দিলে মোৰ কথাবোৰ জোৰ দি ক'বলৈ ৷
কিন্তু তেওঁলোকতো ঘূৰি যায়,মই ক'লো আৰু মন্তব্য দিলোঁ ৷
তেওঁলোকৰ  সামৰ্থ্যৰ বিষয়ে,যেন তেওঁলোকৰ সন্মুখত এনে বহু ওভতনি আছে ৷

তুমি জানা, আমাৰ কাম বহু কঠিন,আমি মুখামুখি হওঁ
বহু দুখ আৰু হতাশাৰ ৷
তেওঁ মোক স্থিৰ দৃষ্টিৰে বহু পৰ চাই থাকিল ৷
মই এসময়ত তোমাৰ দৰেই আছিলোঁ,প্ৰেমৰ চাকনৈয়াত ৷
মই পুৰণি বন্ধুৰ দৰে তেওঁক ক'লোঁ ৷
তোমাৰ কি হ'ল,মই সুধিলোঁ, যিহেতু তেওঁ যোৱাৰ বাবে মুক্ত,
তোমাৰ ঘৰলৈ যোৱাৰ ইচ্ছা নাইনে,
নগৰখন পুনৰ চাবলৈ?

এইখনেই মোৰ ঘৰ,তেওঁ ক'লে ৷
নগৰ-নগৰখন তাতেই-য'ত মই হেৰাই যাওঁ ৷
 

(যোৱা বছৰ(২০২০) চনত সাহিত্যৰ নোবেল বিজয়ী আমেৰিকাৰ কবি সাহিত্যিক সুই গ্লুক(Luice Gluck) ৰ জন্ম ১৯৪৩ চনত ৷ তেওঁৰ কবিতাসমূহ একাকীত্ব,পাৰিবাৰিক সম্পৰ্ক মৃত্যু আদি বিষয়ৰ আৰু গাঢ় সংবেদনশীলতাৰে ভৰপূৰ ৷ ইয়াৰ পূৰ্বে তেওঁ আমেৰিকাৰ বহুতো নামজ্বলা সাহিত্য আৰু অন্যান্য অনুষ্ঠানৰ দ্বাৰা সন্মানিত হৈছে ৷

মূল কবিতাটিঃ

ABORIGINAL
(By Louise Gluck)

You're Stepping on your father, my mother said
and indeed I was standing exactly in the center
of a bed of grass,mown so neatly it could have been 
my father's grave,although there was no stone saying so

You're stepping on your father, she repeated
louder this time,which began to be strange to me,
Since she was dead herself, even the doctor had admitted it
I moved slightly to the side,to where
My father ended and my mother began.
The cemetery was silent.wind blew through the trees,
I could hear, very faintly sounds of weeping several rows away.
and beyond that,  a dog wailing.

At length these sounds abated ,it crossed my mind
I had no memory being driven here
to what now seemed a cemetery,though it could have been
a perfumed, garden or bower, I know realized, with the scent of roses.
Doucewr de vivre filling the air,the sweentness of living,
as the saying goes,At some point 
It occurred to me I was alone.

Where had the others gone
my cousins and sister-caitlin and Abigail?
By now the light was fading .where was the car.
Waiting to take us home?
I then began seeking for some alternative,I felt
an impatience growing in me,apperoching, I would say anxiety.

Finally,in distance,I made out a small train.
Stoppes it seemed,behind some foliage, the conductor
lingering against a doorframe, smoking a cigartte.
Do not forget me,I cried, when at last I reached him.
Madam, he said painting to the tracks,
Surely you realize this is the end,the tracks do not ho further
His words were harsh,and yet his eyes were kind.
thia encouraged me to press my case harder
But they go back, I said, and I remarked.
Their stardiness, as though they had many such returns
ahead of them
you know, he said ,our work is difficcult :we confront
much sorrow and dissappoinment.
He gazed at me with increasing frankess.
I was like you once,he added,with love in turbulence
Now,I spoke as to an old friend.
What of you,I said, since he was free to leave.
have you no wish to go home
to see the city again?
This is my home, he said.
The city the xity is where I disappear.

পৃষ্ঠা ১৫
কবিতাঃ

বেলিফুলৰ এপিটাফ

বেলিফুলীয়া হাঁহি পিন্ধি,
নদীৰ দৰে চঞ্চল পখিলাজাকে,
আকাশ সামৰাৰ সপোন দেখে...
জীৱনে আগবঢ়াই দিয়ে,
তৰ্জনী...
মধ্যমা...
এটাত পৰিচয়, এটাত ঠিকনা ।
ঠিকনাৰ আঙুলিত ধৰি 
নৃত্যৰত বেলিফুলে নাজানে,
প্ৰেমৰ দিকচৌ বাটত নে
সাঁচিপাতত থাকে
জীৱন জিনাৰ অমোঘ মন্ত্ৰ !

প্ৰতিটো ঠিকনাই ছটিওৱা হ'লে আবিৰৰ ৰং!
অঁকা হ'লে নিৰাপত্তাৰ নক্সা !

প্ৰতিটো পৰিচয়ে শিকোৱা হ'লে স্বাধীনতাৰ আদিপাঠ।
মৃত্যুও নহ'লহেঁতেন ৰিং এটাৰ বাট!
মৰি মৰি জীয়াই থকাটো হেনো এটা অজুহাত ?

একোৱেই সলনি হোৱা নাই !
কাঁইটীয়া চকুবোৰ দুলি আছে দেৱালত।
পুৰাতন সাধু এটা বাজি আছে নিজানত...

হ'লাই যেনিবা বেলিফুলৰ দৰে উজ্জ্বল !
"লাও সদায় পাতৰ তল
লাও সদায় পাতৰ তল" !!

অনসূয়া বৰঠাকুৰ
নিউ গুৱাহাটী, কামৰূপ মেট্ৰ'
দূৰভাষ: ৯৪৩৫৫০৮৭৬৫

পৃষ্ঠা ১৬

বিষাদ-বৈভৱ

ঠেঁটুৱৈধৰা জাৰৰ ৰাতি গজি উঠে
নিষ্পাপ বিষাদৰ দূবৰি

এসোঁতা কেঁঁচা তেজৰ দৰেই বৈ যায়
নিগূঢ় অনুভৱ সুখী হ'বলৈ

পানীপিয়াটোয়ে কাতৰতাৰে চিঞৰি থাকে
অথচ, উশাহৰ সিপাৰে থকা নৈখন নেদেখে

অহমিকা বশ নকৰি আঁৰি লোৱা ডিঙিত
আত্মকেন্দ্রিক তোমাৰ  মনটো
তাতেই প্ৰোথিত আভিজাত্যৰ ফটফটনি...

কেতিয়াবা ভাবা নেকি তুমিও
মই ভবাৰ দৰেই
মনক শিকলি লগোৱাৰ আগতেই
ফুৰুৎকৈ উৰি যাব তোমাৰ-মোৰে বিষাদ-বৈভৱ

দুখৰ লগত একাত্ম হ'ব পাৰোঁ বাবেই
হৃদয়খন ধাৰলৈ তোমাক দিব খোজা নাই

নিজৰ মাজত কতবাৰ জ্বলিলোঁ
উমি উমি জ্বলি কতবাৰ ছাই হ'লোঁ

লোকাচাৰ চকুত দেখা দিয়া তুমি
উন্মাদনা ধুমকেতৰ দৰে
যাৰ শেষ সহিব নোৱাৰে মোৰ অন্তৰে...

অনিতা মেধি মিশ্র
ঢালিগাঁৱ, বঙাইগাঁও

পৃষ্ঠা ১৭

জীৱন-তৃষ্ণা

এটা সেউজীয়া সপোন
বুকুৰ কোণত সংগোপনে
লৈ ফুৰিছে দিন প্ৰতিদিন অভিযাত্ৰীয়ে 
প্ৰতি লহমা পূৰ্ণ হৈছে
দিনমণিৰ সোণালী কিৰণেৰে ,
দৃষ্টি দূৰ দিগন্তত
সফলতাৰ দৌৰত
আগুৱাবৰ বাবে আপ্ৰাণ চেষ্টা ,
মুকুতাৰ ধনস্বৰূপ 
প্ৰতিক্ষণৰ  সঠিক ব্যৱহাৰত
বাঙ্ময় জীৱন ,
সুন্দৰ ভাৱনাত অগ্ৰগামিনীৰ
প্ৰশংসনীয় জীৱনশৈলী
শুভেচ্ছাৰ বৰ্ণময় আবিৰে
ৰঞ্জিত আৰু স্বৰ্ণিল প্ৰাণময় ৷
  
দীপালী শইকীয়া গগৈ

পৃষ্ঠা ১৮

যুঁজাৰু

আকাশো কেতিয়াবা ধূসৰিত হয়
বিশাল গৰ্জনত কঁপনি তুলি
পৃথিৱীক ছাৰখাৰ কৰিব খোঁজে,
ডাৱৰৰ আঁৰত লুকাই জোনটিয়েও
 যেন অনিশ্চিত ভৱিষ্যতৰ সম্ভাৱনাত
ঠাউনি হেৰুৱাই  লুকা চুৰি খেলে ,
ক'লা মেঘ  অবিহনে আকাশো অসম্পূৰ্ণ
 তেনেকৈ সংঘাত অবিহনে জীৱন,
ফাগুনৰ বা-মৰলী বতাহত বৰগছেও 
জোৰকৈ খামুচি ধৰে পৃথিৱীৰ বুকু
সংঘাতেও আমাক কৰি তোলে শক্তিশালী,
জীৱন নহয়  ধুমুহাত উভালি পৰাকৈ দুৰ্বল
  ভগৱানৰ ওপৰত  আছে আস্থা, বিশ্বাস ,
সহস্ৰ জনৰ শুভ কামনাৰে সমৃদ্ধ জীৱন,
 ধৈৰ্য্য , সাহস, মনোবল যুদ্ধ জয়ৰ শকতি,
হেলাৰাঙে পাৰ হ'ব কণ্টকময়  সময়।

নীলাক্ষী দত্ত
শান্তিপুৰ, শিৱসাগৰ

পৃষ্ঠা ১৯

এটুকুৰা ৰঙা মঙহ

বুকুত ওলমি থকা এডোখৰ কোমল মঙহ
ৰঙা ৰঙৰ এখিলা আঁহত পাতৰ দৰে
যাৰ ঢপঢপনিত জীৱন্ত থাকে
জীয়া কলিজাৰ সপোন.....
সুকোমল মঙহ কনৰো আছে
 এক সুকীয়া আবেগ
তাতেই হেনো নিহিত থাকে
দয়া, মমতা, নিৰ্দয়তা....
ভাল লগা, ভাল পোৱাৰ এক মিঠা আমেজ
সকলোৰে দেখুন একেই এটুকুৰা ৰঙা মঙহ
তথাপিও কিয় বাৰে বাৰে
 স্খলিত হয় মানৱতা
কিয় ভাগ হয় ভাল বেয়া ৰূপ লৈ
সেই সুকোমল মঙহ কনো দেখুন 
বজ্ৰকঠিন হয়
যেতিয়া বুকু ভেদি যাব খোজে
কথাৰ হাতুৰীৰ কোব....
আত্মাভিমানত যেতিয়া আঘাট লাগে বুকুৰ ভিতৰত থকা সেই লোপলুপীয়া 
 মাংস পিণ্ড টুকুৰা ছটফটাই উঠে
তাৰ চাৰিওফালে বুদবুদকৈ উতলি অহা বিষাদ বোৰে কাকো কব নোৱাৰাৰ দুখত
বুকুৰ ভিতৰত থকা সেই 
 ৰঙা মঙহ কনৰ নামেই হেনো হৃদয়
য'ত নিহিত থাকে আত্মীয়তাৰ  গোন্ধ..।

মিনাক্ষী গগৈ
যোৰহাট, ফোন নং-৭৬৩৬০৪৯৭৬৩

পৃষ্ঠা ২০

কাজিৰঙা

আপুনি যান্ত্ৰিকতাময় জীৱনৰ 
পৰা অৱসাদ বিচাৰি 
আহকচোন এদিন 
কাজিৰঙালৈ ,
কহৰা নাইবা বাগৰি যতেই ইচ্ছা কৰে সোমাব পাৰে ।
পুৱা আঠ বজাৰ পৰা দহ বজালৈকে আপোনাক সংগ দিবলৈ 
হৃদয়ৰ জপনা খুলি
ৰৈ আছে একো একো জন চফল ডেকা ।
নিৰ্ভয়ে সিহঁতৰ সংগী হৈ
দুচকুত তৰাফুলীয়া সপোন গুজি আপুনি কুৰুকি কুৰুকি
সোমাব পাৰিব কাজিৰঙাৰ বুকুত ।
অ পাহৰিছিলোৱেই
আপুনি কিন্তু পলিথিন বিহীন
মনিবেগটোৰ বাহিৰে লগত
কোনো সামগ্ৰীয়েই নিব নোৱাৰিব নিবলৈ নিদিব 
সেইকথাত আপুনি 
বেয়া নাপাব ভুল নুবুজিব ।
ক্ৰমে আপুনি সেউজীয়াৰ বুকুত সোমাই পৰিব
আগে পিছে বহু যাত্ৰী আপোনাৰ সংগী হব 
এচাতি কোমল চেচা চেচা লগা 
নিৰ্মল বতাহে আপোনাৰ গালে 
মুখে চুমা যাচি যাব ।
লুংলুঙীয়া পথেদি 
লৈ যাব আপোনাক ডিফলু নদীৰ পাৰে পাৰে ,
মাজে মাজে পাব প্ৰকাণ্ড প্ৰকাণ্ড একো একো খন বিল ।পানীবোৰ সূৰ্যৰ পোহৰত ৰূপোৱালী হৈ জিলিকি উঠিছে ,
তাতেই দেখিব আপুনি 
পেলিকান্ট নামৰ এবিধ নতুন চৰাই ।
এবুকু সেউজীয়াৰ সতে মিতিৰালি পাতি 
বেলিটো মূৰৰ ওপৰত লৈ 
আপুনি যেতিয়া ওভতিব খুজিব
আপুনি কিন্তু অৰ্কিড উদ্যানত
এপাক নামাৰিলে আপোনাৰ যাত্ৰা আধাৰুৱা যেন হব ।
কিয়নো আপোনাক আদৰিবলৈকে কপালৰ ঘাম মাটিত পেলাই 
সপোন পুৰিৰ দৰে সজাই থৈছে 
এখন বিশাল ফুলৰ বাগিচা ।
লগতে দেখিব সাতামপুৰুষীয়া 
সংস্কৃতিৰ মেটমৰা সম্ভাৰ ।
হৃদয়ৰ জুলুঙাত স্মৃতি বোৰ
জাপি জাপি ভৰাই 
আপুনি যেতিয়া ঘৰমুৱা হব ,
প্ৰকৃতিৰ প্ৰেমে আপোনাৰ বুকুত বাৰুকৈয়ে বিন্ধিব 
যদিহে আপুনি হৃদয় হীন নহয় ।সিহঁতে আপোনাৰ বিবেকৰ পৰা আকৌ অহাৰ প্ৰতিশ্ৰুতি ও আদায় কৰিব ,সঁচাই এদিন
 আহকনা ।

শ্ৰী বিজু বৰঠাকুৰ
জাঁজী, জামুগুৰি

পৃষ্ঠা ২১

ভগ্নী

ভগ্নী প্ৰেম যাৰ কোনো মূল্যৰে
জুখিব নোৱাৰি।
এজন জ্যেষ্ঠ ভাতৃৰ হয় নয়নৰ মনি।
মই এজন ৰাৱণ হব খোজো
নিজৰ জীৱন স্বৰ্ণ লংকাকো
বিসৰ্জন দি
ভগ্নীৰ অপবাদ আৰু অপমানৰ
প্ৰতিশোধ লোৱাৰ
দৃঢ় সংকল্পবাদী।
কাৰণ সুৰ্পনখা আছিল তেওঁৰ ভগ্নী
জ্যেষ্ঠ ভাতৃৰ আলাসৰ লাড়ু।
কংসৰ দৰে হব নোৱাৰো বা
হব নোখোজোঁ।
ইমান নিৰ্দয় স্বাৰ্থপৰতা নিজৰ
প্ৰাণৰ মমতা ৰক্ষাৰ স্বাৰ্থত
ন কৈ শিৰত সেন্দুৰ পিন্ধা
আজলী দৈৱকীক কাৰাগাৰত আবদ্ধ।
এয়া জানো শ্ৰেষ্ঠ জ্যেষ্ঠ জনৰ পৰা
আশা কৰা জানো উপহাৰ।
মই ভগ্নী প্ৰেমৰ আজন্ম প্ৰেমিক
হাতে বাটে ঘাটে মোৰ ভগ্নীক
অপমান কৰা
প্ৰত্যেক জনক বধ কৰাৰ
লক্ষ মোৰ।
তাতো যদি যায় যাওক
মোৰেই প্ৰাণ লিখা ৰব
ৰাৱণৰ দৰেই ইতিহাসৰ পাতৰ দস্তাবেজত।
ভনী জনী অজলা ককায়েকৰ নাম
দেহত ৰক্ত কণিকা শক্তি চলিত হৈ থকালৈকে
কাৰো সাহস নোহোৱাকৰিম
তিনিআলি চাৰিআলি গাঁওৰ
কেঁকুৰীটোত অপবাদী বদনামী কৰিবলৈ
অহৰহ চেষ্টা কৰা 
দুষ্টমটি পাষাণ কুলৰ
নৰাধমক গোসাঁনী পূজাৰ
 ভোগ দিম।
অন্ততঃ চকুত চকু থৈ
বুকুত অদম্য সাহস লৈ
তাই কব লাগিব
সৌটো মোৰ দাদা।
এই আজলী ভনীৰ
দাদা শব্দৰ আঁৰত লুকাই
থাকিব মৰম, গৰম গৰম শাসন, দুই এখন সৰু সৰু কাজিয়া।
তাৰ মাজতেই আজলী ভনীৰ 
অভিমান ভঙাৰ অপ্ৰাণ চেষ্টা।
তাই মোতেই বিচাৰি
পাব লাগিব নির্ভয়
কাৰণ তাই ভনী
ছিঙিব নোৱাৰা এডাল এনাজৰী।

বি:দ্ৰ:  মৰমৰ ভনীৰ হাতত

জোনমনি চেতিয়া
নামলগোৱা

পৃষ্ঠা ২২

হৃদয়ৰ পৰা হৃদয়লৈ

হৃদয়ৰ পৰা হৃদয়লৈ এখন বোৱতী নৈ
নাৱৰীয়াই নাওঁ বাই বাই ভটীয়াই যায়
ইপাৰৰ ঘাটত ৰৈ
ৰমলাই হেঁপাহেৰে বাট চায় ।

পানী তোলা ঘাটত 
এজাক চঞ্চলা গাভৰুৱে কথা পাতে 
খিল খিলাই হাঁহে ।

গাভৰুৰ ককালে কলচীৰ সৈতে আলিঙ্গণ কৰে
চকু চৰহা গৰখীয়াই
ধেনুৰে কলচী ভাঙে

যৌৱনা ডেকা গাভৰুৱে
পাৰে পাৰে বালিঘৰ সাঁজে 
চকুত চকু থৈ 
প্ৰাণৰ মাজত প্ৰাণবেগ প্ৰবাহিত
আত্মাৰ আধাৰত আত্মাৰ মূল্যবোধ ।

শ্যামল হাজৰীকা


পৃষ্ঠা ২৩

নাঙ্গঠ আমি আটায়ে

আচলতে আমি
আটায়ে নাঙ্গঠ
নাঙ্গঠ আমি আটায়ে |
নাঙ্গঠ সমাজত
নাঙ্গঠৰ বিচৰণ
নাঙ্গঠ সমাজত
নাঙ্গঠৰ কোলাহল |
অভদ্ৰ নাঙ্গঠবোৰ
ধৰা পৰে সমাজত
ভদ্ৰ নাঙ্গঠবোৰে
লুকাভাকু খেলে |
আচলতে আমি
আটায়ে নাঙ্গঠ |

ৰুক্মিণী হালৈ
মাৰ্ঘেৰিটা
9365191693

পৃষ্ঠা ২৪

কষ্ট পায় সি

মোৰ গোলামী দুহাতত
দুৰ্জেয় সপোনৰ অদম্য সাহস
নাঙঠ শিশুৰ দৰে
কান্দিব নাজানে সি
কান্দে মাথো চিগা ছালচতাই
চিধা মানুহৰ বেঁকা ওঠৰ ফুলজাৰি
গিলোঁতে কষ্ট পায় সি!

পানীৰ ধাৰে মাছক নাকাটে
নিষ্পাপ মুখাবোৰ
যাঠি-জোং হাতে হাতে
লাজুকী লতাৰ দৰে
চুলেই টোপনী নামাৰে সি
টোপনীৰ ভাওঁধৰা
চকুমুদা কুলিবোৰ
মাতৰ বিনিময়ত কষ্ট পায় সি!

এই যে কামিহাঁড়ে পহৰা দিয়া
মোৰ জেদমুখী ৰঙা এমুঠিৰ টোপোলাটো
দৈন্যতাৰ যন্ত্ৰণাত
দুখৰ কাজল নাসানে সি
অসহায় জনতাৰ ৰক্ত শুহা
ৰবটিক হাঁহিৰ প্ৰলেপ ঘঁহা
নিলাজ মহোদয়ৰ নাটকীয় কৰতালিত
নুবুজাকৈয়ে কষ্ট পায় সি!!!

কে.কে. শৰ্মা
নলবাৰী

পৃষ্ঠা ২৫

সুখ-দুখৰ অন্য নাম নাৰী

হাতত জেতুকা 
ওঁঠ ৰঙা
পাণ-তামোলৰ 
পিক বুলোৱা 
ৰঙিলী মন
ব'হাগৰ ফুল
চকুত অযুত সপোন -
পৰীৰ দেশত 
পাখিমাৰি উৰি উৰি
ফুল বুটলি
মালা গুঁঠি 
উলাহত নাচোন 

দিন যায় 
পট সলায় 
আগ্নেয়গিৰিৰ গিৰি 
উঠে সেউজেৰে ভৰি 
বুকুত সাঁচি গুপুতে 
মেগমাৰ দহন নিৰৱে 

নাৰী তাই
সকলো পাই
সাক্ষী গোপাল 
মাথো ৰখিয়া

নির্যাতন - নিষ্পেষণ
নীলকন্ঠী নির্বিকাৰ 
কিবা নহয় কিবা ভাবে 
সহে তিক্ত কথন 

নাৰী
সৃষ্টিৰ সাৰ্থকতাতো আছে
দুখ-সংঘাতৰো আগে-পাছে
এক অবুজ সাঁথৰ 
ভঙা-গঢ়াৰ প্রৱাহিত নৈ-
বুকুত সপোনৰ বোজা বৈ 
নিৰৱে চাই ৰয় নিথৰ 
নাৰী ধৰিত্ৰী 
যেন অন্য নাম নিৰ্যাতিত সমাজৰ। 

ছফিক্ উজ জামান(দুলাল)
গোসাঁইডুবি
গোৱালপাৰা (অসম)

পৃষ্ঠা ২৬

জীৱন নামৰ বৈতৰণী ৰ পাৰে পাৰে

স্বপ্নময় জীৱন মোৰ
বৈতৰণীৰ পাৰত ৰছো
মোৰ সপোনপিয়াসী মনৰ 
সোণোৱালী ৰংবোৰ।
প্ৰতিটো পুৱাৰ সুৰুজৰ
হেঙুলী আভাৰ মাজত
মই বিচাৰি পাও জীৱনৰ
সপোন সোণোৱালী শইচ।।
কাহানিবাই জীৱন নামৰ বৈতৰণীখনৰ
কোনোবাখিনিত যৌৱনৰ
চাকনৈয়াত পৰি হেৰুৱাইছিলো
মোৰ জীৱনৰ সপোনপিয়াসী বাট!
তথাপিও আজি মই
ৰছো জীৱনৰ ৰংবোৰ,
যত লুকাই আছে
জীৱনৰ কত' অমৃত।
বৈতৰণী ৰ পাৰত শত হেজাৰবাৰ
উজুটিও খাইছো মই;
তথাপিও মই ৰছি যাম
জীৱনৰ সোণোৱালী সপোনৰ 
ৰঙচুৱা বাট,
অন্তিমৰ পৰা অসীমলৈ
গভীৰৰ পৰা গভীৰতালৈ....।।

দীপান্দিতা কলিতা
কাহিলীপাৰা, গুৱাহাটী


পৃষ্ঠা ২৭

বুজাও কেনেকৈ!! 

কিমান ভাল পাওঁ বুলি ক'লে তুমি মোৰ হ'বা...?

কৰ্তব্য বা দায়িত্বৰ এক নিলাজ আখ্যা দিব নিবিচাৰো...
য'ত প্ৰয়াসবোৰ সুপ্ত হৈ পৰে কঁঙাল বসন্তত..!!

ধুমুহা আহে 
ধুমুহা যায়..
ধংসৰ আৰঁত জানো কি যে কৈ যায়..!

মৰমবোৰ ৰৈ যায় মাথো এখন উদাৰ হিয়াৰ সন্ধানত।

তোমাৰ ছাগে মন যায়
সেই লাভ ইন ট'কিঅ' চিনেমা খনৰ দৰে হিৰ' হিৰ'ইন হ'বলৈ...

আৰু মই...

জেপত এটা ফুটাকৰি নোহোৱাকৈ তোমাৰা প্ৰেমৰ বজাৰ খনত সোমাই পৰিলো..
আৰু সুধি পেলালো 
কিমান ভালপাওঁ বুলি ক'লে তুমি মোৰ হ'বা..?

নিশাবোৰ এনেকৈয়ে শেষ হৈ যায়...
চিনাকি মনৰ আপোন গোন্ধবোৰ বিচাৰি..!!
শান্ত দেহৰ অশান্ত মনবোৰ সামৰি।

কিজানি এদিন আহি কোৱাহিয়ে..
মই তোমাৰ কবিতাবোৰৰ শব্দ হ'ব বিচাৰো।

সেই দিনাই নিলাজ ৰ'দত লুকাই লাজুকি বৰষুণ 
মিলনৰ বতৰা 
বিলাই
মিচিকি হাঁহিৰে নাচি 
উঠিব
ৰামধেনু...!!
                
পৰিস্মীতা পৰাশৰ
গোলাঘাট
ভ্ৰাম্য ঃ 8638566973


পৃষ্ঠা ২৮

ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ১০

কাংগ্রা

শর্মীষ্ঠা বর্মন
নতুন দিল্লী

মই কেতিয়াবা নিজকে প্রশ্ন কৰোঁ ,
"মই ভ্রমণ প্রিয় নে ভ্রমণ বলিয়া ?" 

       মই চাগৈ ভ্রমণ বলিয়া হয় ৷ তাৰ কাৰণ নথকা নহয় ৷ এয়া ২০১৯ চনৰ জুন মাহৰ কথা ৷ তেতিয়া হিমাচল  প্রদেশৰ পাহাৰত বতৰ বৰ বেয়া আছিল ৷ বৰষুণে বাট-ঘাটৰ অৱস্থা বৰ শোচনীয় কৰি পেলাইছিল ৷ ফুৰিবলৈ যোৱা লোক সকলে বহুতো সমস্যাৰ সন্মুখীন হৈছিল ৷ বহু লোক মাজবাটতে অৱৰুদ্ধ হৈছিল , খোৱা পানীৰ অভাৱ হৈছিল আদি কথা বাতৰিত শুনিবলৈ পোৱা গৈছিল ৷ জুন মাহত ল'ৰা-ছোৱালী বিলাকৰ স্কুল  ছুটী থাকে বাবে আমি প্রতি বছৰে এই সময়ত দিল্লীৰ গৰমৰ পৰা নিস্তাৰ পাবলৈ পাহাৰৰ ফালে ফুৰিবলৈ যাওঁ৷ কিন্তু বাতৰিবোৰে আমাক চিন্তাত পেলালে ৷ ইফালে কেইদিনৰ ভিতৰতে অসমৰ পৰা মা আৰু দেউতা দিল্লী আহি পাব ৷ পুৰণি পৰিকল্পনা অনুযায়ী মা আৰু দেউতা আহি পালে ৰাজস্থানত থকা ডাঙৰ ভাইটীৰ পৰিয়ালটো সতে আমি একেলগে গুজৰাটৰ দ্বাৰকা নগৰীলৈ ফুৰিবলৈ যোৱাৰ কথা আছিল ৷ কিন্তু পাছলৈ গৰমৰ দিনত গুজৰাটলৈ নগৈ কোনো ঠাণ্ডা ঠাইলৈ যোৱা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছিল ৷ সেইমতে আমি সকলোৱে নিজৰ নিজৰ চাকৰিৰ প্রতিষ্ঠানৰ পৰা ছুটীৰ দৰখাস্ত ইতিমধ্যে দিলোঁৱেই ৷ কিন্তু বাতৰিত শুনা কথাবোৰে আমাৰ পৰিকল্পনাত ব্যাঘাত জন্মালে ৷ সেইবাবে আমাৰ গৃহস্থই ফুৰিবলৈ যোৱাত নিষেধাজ্ঞা জাৰী কৰি দিলে ৷ এই কথা শুনি ডাঙৰ ভাইটীয়েও ফুৰিবলৈ যোৱাটো বর্তমান স্থগিত ৰখাটোৱে ভাল বুলি ক'লে ৷ মই ক'লো " তহঁতি প্রথমতে দিল্লীলৈ আহ , পাছত দেখা যাব ,কৰোবাত হ'লেও যাম "৷ 'ফুৰিবলৈ যোৱা হ'ব নে নহয়',এনে দোমোজাত আমি ফুৰিবলৈ যোৱাৰ দুদিন আগলৈকে কতো কোনো ধৰণৰ থকাৰ ব্যৱস্থা নকৰিলোঁ ৷ 
      পূর্ব নির্ধাৰিত দিনত মা আৰু দেউতা দিল্লী আহি পােৱাৰ কথা ৷ তেওঁলোক ৰেলেৰে দুপৰীয়া পৰত দিল্লী আহি পাব ৷ ভাইটীহঁত সিহঁতৰ নিজৰ গাড়ীৰে সন্ধিয়া মানত আহি পাব ৷ ভাইটীয়ে এইবাৰ প্রথম বাৰৰ বাবে ৰাজস্থানৰ পৰা দিল্লীলৈ নিজে গাড়ী চলাই আহিব ৷ গতিকে মনত এটা ডাঙৰ চিন্তাও লাগিছিল ৷ কাৰণ তাৰ লগত সৰু সৰু দুটা ল'ৰা-ছোৱালী আছে ৷ যি কি নহওঁক , এইবাৰ কথাষাৰ ওলোটাহে হ'লগৈ ৷ ভাইটীহঁত আবেলিতে আহি ওলাল আৰু মা-দেউতা মাজৰাতিহে আহি পালে ৷ গতিকে পিছদিনাখন তেওঁলোকক জিৰণি ল'বলৈ দিয়া হ'ল ৷ লগতে আমি ক'লৈ ফুৰিবলৈ যাম সেই কথাৰো আলোচনা চলিল ৷ অৱশ্যে তেতিয়ালৈ আমাৰ গৃহস্থৰ নিষেধাজ্ঞা লাহে লাহে শিথিল হ'বলৈ ধৰিলে যদিও এটা চর্ত ৰাখিলে যে বেছি দূৰলৈ যোৱা নহ'ব ৷ মই "হ'ব" বুলি কৈ থৈ দিলোঁ ৷ মনে মনে ভাবিলোঁ 'পাৰিলে  'মেক্লোডগঞ্জ', 'ডেলহাউচী' আদি ঠাই বোৰলৈকো যাম ,এবাৰ কোনোমতে ঘৰৰ পৰা ওলাই লওঁচোন , বাকীখিনি ঈশ্বৰে মিলাব !' 
       সকলোৰে সিদ্ধান্ত মতে 'ধৰমশালা'লৈ যোৱাৰ কথা নির্দ্দিষ্ট কৰা হ'ল ৷ এতিয়া থকাৰ ব্যৱস্থা কৰিবলৈ গৈ ক'তো 'বুকিং' নাপালে ৷ সেয়েহে 'কাংগ্রা'ৰ ধর্মশালা এখনত থকাৰ ব্যৱস্থা কৰিব লগীয়া হ'ল ৷ মনত চিন্তাও লাগিল ধর্মশালাখন কেনেকুৱা বা হয় ৷ কিবা কাৰণত বেয়া হ'লে ময়ে গালি খাম ৷ যিয়ে নহওঁক , পিছদিনা পুৱাই আমি ওলাই যাম ৷ সেইবাবে আগদিনা গধূলি কাপোৰ-কানিৰ টোপোলা বন্ধা হ'ল , বজাৰৰ পৰা শুকান খোৱা বস্তু কিনি অনা হ'ল ৷ ঘৰতো যিমান পাৰো সিমান খাদ্য বস্তু তৈয়াৰ কৰা হ'ল ৷ আৰু বান্ধি হৈ যোৱা টোপোলাবোৰ আমাৰ আৰু ভাইটীহঁতৰ দুখন গাড়ীত তুলি দিয়া হ'ল ৷ মই সৰু সৰু বটলৰ লগত বিশ লিটাৰৰ পানীৰ বটল এটাও উলিয়াই থ'লো ৷ পুৱা গাড়ীত ভৰাম ৷ বন্ধ গাড়ীত ওৰে ৰাতি থাকিলে হেনো পানী বিষাক্ত হৈ পৰে ৷ 
          সেইদিনা সন্ধিয়া হঠাতে মোৰ বান্ধৱী এগৰাকীৰ অসুস্থতাৰ বাবে হস্পিটেলত ভর্তি হ'ব লগা হোৱা বুলি জানিব পাৰিলোঁ  ৷ মই লগে লগে হস্পিটেললৈ গ'লো ৷ তাইক দেখাৰ লগে লগে মনটো বৰ বেয়া লাগিল ৷ এই অৱস্থাত  কেনেকৈ এৰি থৈ যাওঁ ৷ বহু পৰ তাইৰ সতে বহিলোঁ ৷ হস্পিটেলত ডাক্তৰৰ তত্বাৱধানত ভালদৰে থাকোতে কোনো অসুবিধা নহয় বুলি তাই ক'লে ৷ ময়ো এতিয়া সকলো যোগাৰ পাতি হোৱাৰ পাছত ফুৰিবলৈ যোৱাটো বাতিল কৰা অসম্ভৱ হৈ পৰিল ৷ কাৰণ মোৰ লগত আৰু বহুতো লোক সাঙুৰ খাই আছে ৷ বান্ধৱী গৰাকীৰ গৃহস্থৰ সতে কথা পাতিলোঁ ৷ তেওঁ নিশ্চিন্ত কৰি ক'লে যে "একো নাই , আপোনালোক ফুৰি আহক , মই চম্ভালিব পাৰিম " ৷ ময়ো বাকীখিনি ঈশ্বৰৰ ওপৰত এৰি দি হস্পিটেলৰ পৰা গুছি আহিলোঁ ৷ 
       পুৱাৰ নিত্য কর্ম সামৰি গা-পা ধুই চাকি জ্বলাই সকলোৱে একেলগে সেৱা কৰি আঠ বজাত আমি যাত্রা আৰম্ভ কৰিলোঁ ৷ মা আৰু দেউতা নাতি-নাতিনীয়েকৰ সৈতে ভাইটীহঁতৰ গাড়ীখনত বহিলে ৷ আমাৰ গাড়ীত আমি চাৰিজনৰ লগত শহুৰ দেউতা বহিল ৷ ভাইটীৰ গাড়ীখন আগত ওলাল ৷ আমি পিছে পিছে অনুসৰণ কৰিলোঁ ৷ 
      দিল্লী আৰু উত্তৰ প্রদেশৰ  গৰম ঠাইবোৰ পাৰ হৈ পিছবেলালৈ হিমাচলৰ শীতল ভূমিত প্রৱেশ কৰিলোঁ ৷ মাজে মাজে বাটত ভাল ঠাই চাই গাড়ী ৰখাই নিজকে সতেজ কৰিও লৈছিলোঁ , ক্ষন্তেক জিৰণি লৈছিলোঁ ,খোৱা-বোৱাও কৰিছিলোঁ ৷ প্রত্যেক বাৰেই ভাইটীয়ে গাড়ীখন আমাতকৈ আগত 'ষ্টার্ট' কৰে  আৰু আমাৰ চকুৰ আগৰ পৰা নেদেখা হৈ যায় , কিন্তু গন্তব্যস্থলত আমাৰ গাড়ীখনহে আগতে গৈ পায় ৷ Slow and steady wins the race . 'কাংগ্রা'তো আমিয়ে আগত গৈ পালো ৷ ভাইটীহঁত আহি পোৱালৈ ৰ'লো ৷ আধাঘণ্টাৰ পাছত সিহঁত আহি পালে ৷ 
        ধৰমশালা খনৰ নিচেই কাষত এখন চৰকাৰী 'পার্কিং' আছিল ৷ বস্তু-বাহানিবোৰ নমাই দুয়োখন গাড়ী তাতে "পার্ক' কৰি থোৱা হ'ল ৷ লাহে লাহে আমি আটাইবোৰ ধর্মশালাৰ ভিতৰলৈ সোমালোঁ ৷ প্রকাণ্ড আকাৰৰ সুব্যৱস্থিত  ধর্মশালাখন ধুনীয়া আৰু স্বচ্ছ আছিল যদিও আমাৰ বাবে 'বুক' হোৱা 'ৰুম'বোৰ বৰ পছন্দ নহ'ল ৷ মই বিপাঙত পৰিলোঁ যদিও মুখেৰে একো নামাতিলোঁ ৷ অৱশ্যে কর্তৃপক্ষই পিছদিনা ভাল 'ৰুম' পাব বুলি কৈ ৰাতিটো কোনোমতে কটাবলৈ অনুৰোধ জনালে ৷
(ক্রমশঃ)


পৃষ্ঠা ২৯

গল্প ঃ

নানী

(সত্য ঘটনাৰ আধাৰত)

এক অদম্য সাহসৰ নাম এটা প্ৰেৰণাৰ গভীৰ উৎস আৰু এহাল সহৃদয়তাত জুবুৰি মৰা চকুৰ নাম ..,আৰু যে কত' কি    !!
     সেইদিনা আছিল সোমবাৰ । মই দুপৰীয়াৰ ভাত সাজ খাই উঠি বাচনখিনি ধুই থাকোতেই আমাৰ শাক পাচলিৰ বাগানৰ বাবে কোৰ মাৰি থকা মানুহজনে মাত লগালেহি...
:ভনী তই ইমানবোৰ বাচন ধুই আচ যে তোক মদদ কৰিবলে কোনো  নাই  নেকি?  মই নিৰ্লিপ্ততাৰে উত্তৰ দিলো
:   নাই অ' ককাই  কাকনো পাবি কৰি থাকো আৰু  লাহে লাহে,.,.. মানুহজনে একো চিন্তা নকৰি তপৰাই ক'লে
: ৰ বাৰু কা ইলৈ আঁহোতে মই মোৰ মানুহজনীকে লগত লৈ আহিম দে    !! কি কাম কৰাৱ কৰাবি যাঁওতে আকৌ লৈ যাম,..

মই মৌনতাৰে সন্মতি জনালোঁ!
সেই সময়ত বুঢ়াৰ কথাষাৰ ইমান বিশ্বাসেৰে মই লোৱাই  নাছিলো  সেই নিমাখিত মানুহজনৰ দৃঢ় মনটোৰ আন্তৰিকতা মই তেতিয়াহে হৃদয়ঙ্গম  কৰিছিলো যেতিয়া পিছদিনা ন' মান বজাত কান্ধত কোৰ খন লৈ খৰ গতিৰে আমাৰ ঘৰৰ পিনে আহি আছিল  পিছে পিছে সহধৰ্মিনী গৰাকী ......
ৰঙা ফুলৰ শাৰীখন   কলাফুল উলিয়াই পিন্ধি খোপাটো ওপৰত বান্ধি কলডিলীয়া  মুখখন দেখি মোৰ মৰম লাগি গৈছল!
সেই গৰাকীয়েই মোৰ  আদৰৰ নানী যাক মই অন্তৰৰ বেদীত এখন সুকীয়া আসন দি আহিছোঁ...,!আজি মোৰ  নানী নাই কিন্তু সেই গৰাকী মহিলাৰ স্মৃতিৰে আজিও মই নিজকে  জীপাল কৰি ৰাখো  সেই নিঃস্ব বুঢ়া-বুঢ়ী হালৰ মাজত যেন মানৱতাৰ মন্ত্ৰ ফাঁকি বিছাৰি পাও....
দুইজনী ছোৱালী স্কুললৈ পঠিয়াই দি নানীৰ সৈতে  হোৱা কথোপকথন যেন আজিও মোৰ মন গহনত প্ৰতিধ্বনিত হয় !মই নানীক কৈছিলোঁ তই একেবাৰে মোৰ লগতে থাকি যা!
তাই কলে------"ৰ  আগতে বুঢ়াটো মৰি লবলে দে"
তাৰ অৰ্থটো হ'ল বুঢ়াক অকলে এৰি মোৰ থাকিবলে দিগদাৰ হ'ব! নানীয়ে সদায় ভাত পানী খাই তিনিমান বজাত ঘৰলৈ ঘূৰি গৈছিল মই চাউল দাইল আৰু কিবা এটি পাচলিৰে ৰাতিৰ সাজ দি পথাও।
আমাৰ সৈতে থকা মোৰ শহুৰ দেউতা সেই সময়ত অসুখত পৰি আছিল ! এদিন মই নানীক ক'লো  আমাৰ ঘৰ যোৰহাটত কেতিয়াবা যদি দেউতাৰ হানি - বিঘিনি হয়  আমি লগে লগে ঘৰলৈ যাবগৈ লাগিব তাই মোৰ কথাৰ প্ৰত্যোত্তৰত একো ইতস্তত নকৰাকৈ কৈ উঠিল  ঃ চিন্তা নাই কৰবী আমি যাব তৰ সংগে....
এদিন সঁচাই যেন সেই সময় সমাগত হ'লহি!!!!
সদায় অহাৰ দৰে সেইদিনাও নানী আহিছিল পুৱা আঠমান বজাত ।আমাৰ চোতালত মানুহৰ ভিৰ দেখি হতভম্ব নানীয়ে গেটখন খুলি মোলৈ চাই থৰ হৈ ৰ'ল  চোতালত দেউতাৰ নিথৰ দেহ !মই সুধিলো তই যাবিনে?  আমি এতিয়া যোৰহাটলৈ যাম তেতিয়া তাই তৎক্ষনাত ঘৰলৈ উলটিল আৰু পিছলৈ চাই চাই চিঞৰি কৈ কৈ গ'ল 
: আধাঘনটা ৰুকিবি বেতাকে বলে কাপৰ লিয়ে আই যাব।
আমাৰ ঘৰত দেউতাক শেষ বিদায় দিবলে অহা মানুহ বোৰ আচৰিত হ'ল প্ৰত্যেকৰ চকুত আবেগে যেন লুকা -ভাকু খেলিলে! 
মানুহ মানুহৰ  কিমান আপোন হ'ব পাৰে.....!
ইতিমধ্যে ঘৰ পাই দেউতাৰ সৎকাৰ শ্ৰাদ্ধ আদি সুকলমে হৈ গ'ল! মোৰ সকলোবোৰ কামতে নানীজনী মোৰ যেন শাহুগৰাকীহে! মোৰ ৰন্ধা - বঢ়া আলহীক মাত লগোৱা  ঘৰৰ বয় বস্তুৰ তত্বাৱধান লোৱা সকলোতে ধৰিলে আগগুৰি নানীয়ে!  সময়ত পুনৰ ডিব্ৰুগড় মানে আমাৰ কোৱাৰ্টাৰ অভিমুখে অহাৰ সময় আহি পৰিল বিভিন্ন খোৱা সামগ্ৰী কম্বল লেপ আদি যাৱতীয় বস্তুৰ এটা মেটমৰা বোজাৰে নানীৰ পদূলিত মোৰ শ্ৰীমানে গাড়ী ৰখাওঁতে  তেঁওৰ পাৰাৰ এজাক মান মানুহ আহি গাড়ীখন ঘেৰি ধৰিলেহি এগৰাকী তিৰোতাই উৎসুকতাৰে প্ৰশ্ন কৰিলে 
:  এত সামান কাহাচে আনলি ৰে  বহত দিন নাই কিনতে হবে ৰে
নানীৰ মুখত এচেৰেঙা গৌৰৱৰ হাঁহিয়ে যেন ঢোলোকণি খাই উঠিছিল.......! দেউতা নোহোৱাৰ পাছত নানীৰ   শৰীৰ ও হতি যাব ধৰিলে  তাৰপাছত ছমাহমান আমাৰ ঘৰলৈ অহা যোৱা কৰাৰ পাছত মোক এদিন কলে 
: ভনী মই আৰু বেছি দিন আহিব নোৱাৰিম মোৰ গাটো বহুত বেয়া !মই ক'লো একো নাই অলপদিন ঘৰতে থাক টকা এহেজাৰ দি ডক্টৰৰ ওচৰলৈ যাবলৈ ক'লো সেইমতে তিনিমাহ মান অহা নাছিল নানী  তেঁওৰ  অনুপস্থিতিয়ে মোক যথেষ্ট আমনি কৰিছিল মই ভাবিছিলো গা ভাল পালে আহিব  চাগে   !
এদিন হঠাতে দুপৰীয়া মই ভাত ৰান্ধি থকা সময়তে নানীৰ মাতষাৰ শুনি চক খাই উঠিলোঁ ঢপলিয়াই ওলাই আহিলো  নানীয়ে দৰদভৰা কন্থস্বৰে  ক'লে
ঃ মোক ভনী দুটামান  ভাত দে মই বহুতদিন একো  খোৱা নাই
মই চেনী পুঠি চাৰিজনী বাৰীৰপৰা আনি ঢেকীয়া দুদালমান আৰু বিলাহী দি ৰান্ধিছিলো লৰালৰিকে মোৰ ভাগৰ মাছটোৰে ভাত মুঠি বাঢ়ি দি সন্তুষ্টি লভিলোঁ বৰ তৃপ্তিৰে ভাতকেইটা খাই তাই ক'লে মই যাও ভনী ঘৰত কাকো কোৱা  নাই । মই টকা ১০০ হাতত গুজি দি বিদায় দিলো নানীক .... যেন চিৰ বিদায়  !!!!
নানীৰ চকুয়েদি দুধাৰি তপত জলধাৰা  বাগৰি অহাৰ  যেন    প্ৰস্তুতি  চলিছিল..., নানী যোৱা বাটলৈ তধা লাগি চাই ৰ'লো মই   অতীতৰ বহু কথোপকথন আবেগ বিহ্বল হৃদয়ৰ   নানান  চিত্ৰপট পুনৰ মোৰ মানসপটত জ্যোতিষ্মান হৈ পৰিল   !!
নানীক লগ পোৱাৰ প্ৰায় এসপ্তাহৰ পাছত আমাৰ টিউবৱেলটো বেয়া হোৱাত ভাল কৰিবলৈ অহা মানুহজনৰ মুখেৰে নিৰ্গত হোৱা বাক্যষাৰে মোক কোঙা কৰি গৈছিল......!!!
বাইদেউ আপোনালোকৰ   ঘৰলৈ আহি আছিল যে মানুহ গৰাকীক শ্মশানলৈ নিওতে মই বাটত পাই আহিছোঁ       !!!!!! 

ৰেখা বৰকটকী
যোৰহাট



পৃষ্ঠা ৩০

চুটি গল্পঃ

অস্তিত্ব


নিবেদিতা দাস দত্ত
পটীয়া গাওঁ, যোৰহাট

-----খং নে অভিমান  বুজি নাপায় দুয়ো, অকনমান মৰম বিচাৰি হাবাথুৰি খাই সৰু সৰু কথাতে প্ৰজ্ঞানৰ লগত কাজিয়া লাগিব বিচাৰে  অৰুন্ধতীয়ে। মুখখন ফুলাই বহি থাকিলে সি বাঢ়ে বাঢ়ে বুকুৰ মাজত সাৱটি কপালত চুমা আঁকি দিয়ে, হয়তো এইয়াই দুখন অন্তৰৰ মিলনৰ মৰম,অনুভূতি, ভালপোৱা......

: তুমি, কাৰ লগত যাবা অৰুন্ধতী? 
প্ৰজ্ঞানে আইনাৰ সন্মুখত মুৰটো আচুৰি অৰুৰ ফালে নোচোৱাকৈ সুধি পেলালে। 
: কাৰ লগত মানে? সদায় যেনেকৈ যাওঁ তেনেকৈ যাম। এপেখনত উঠি লৈ টাউনত নামি সেইদূৰ খোজ কাঢ়িয়ে যামগে।
: মই যাম, মোৰ লগতেই তুমি ওলাবা... প্ৰজ্ঞানে অৰুৰ ফালে নোচোৱাকৈয়ে কথাবোৰ কৈ যায়। আজি বুলি নহয়,বিয়া হোৱা পাঁচ বছৰ হোৱা স্বত্তেও দুয়ো দুয়োকে এতিয়াও লাজ কৰে।
 কিয় কৰে? এইটো উত্তৰ দুয়োয়ে বিচাৰিয়ে নাপায়।

: নালাগে, তুমি যোৱাগৈ। এদিন তোমাৰ লগত গৈ কি হ'ব; সদায়টো মই অকলেই যাওঁ।
: একো নোকোৱাকৈ প্ৰজ্ঞানে গাড়ীৰ চাবিপাত লৈ ওলাই গ'ল....
কথাষাৰ কৈ অৰুই পাৰ্চখন,হাতত মোবাইলটো লৈ এপে অহালৈ ৰৈ থাকিলে পদূলি মুখতে.......

          অৰুন্ধতী আৰু প্ৰজ্ঞান বুলি ক'লে চুবুৰীটোত বেয়া পোৱা মানুহ ছাগে কম ওলাব। সহজ-সৰল, অমায়িক প্ৰজ্ঞানক গাঁৱৰ সকলোৱে ভালপায়। একে গাঁৱৰে অৰুন্ধতীৰ লগত সৰুৰেপৰা প্ৰজ্ঞানৰ চিনাকি যদিও ঘৰৰ পচন্দমতেহে দুয়ো বিয়াত বহিছিল। যৌথ পৰিয়ালত বিয়া হৈ অহা অৰুন্ধতীৰ কৰ্মসূত্ৰে অহা যোৱা কৰাত দূৰ হোৱা হেতুকে পৰিয়ালৰ সকলোৱে সমিল মিলাই সিদ্ধান্ত লৈ দুয়োকে ভাড়াঘৰত থাকিবলৈ আদেশ দিছিল। মৰমলগা অৰুজনীয়ে প্ৰথম অৱস্থাত খুব টান পাইছিল ঘৰখনৰ পৰা দূৰত থাকিবলৈ, উপায় নোহোৱাত বাধ্য হৈছিল দুয়ো একেলগে ভাড়াঘৰত থাকিবলৈ।

 : অৰু, তুমি চাকৰি এৰি দিয়া। মোৰ চাকৰিৰ টকাৰে আমি দুয়ো ভালকৈ চলিব পাৰিম। আমাৰ দেখোন বেলেগ খৰছ নাইয়ে। তুমি মই আমি হ'ব বিচাৰোঁ। এতিয়া বহুত দেৰি হ'ল.... অফিচতো মোক সকলোৱে কৈ আছে সংসাৰখন আগুৱাই নিবলৈ----- সৰু ছোৱালীৰ দৰে কুচিমুচি প্ৰজ্ঞানৰ বুকুৰ মাজত থকা অৰুই স্তব্ধ হৈ ঠাইতে বহি ৰ'ল। 
: কি হ'ল অৰু.. তুমি থতমত হৈ ৰ'লা যে?
     অৰুৰ চকুৰে দুধাৰি চকুলো বৈ আহিল। তাই ভবা নাছিল এনেকুৱা এটা সিদ্ধান্তৰ কথা প্ৰজ্ঞানে অকলে লব বুলি। চাকৰি এৰাৰ কথা তাই ভুলটো ভাবিব নোৱাৰে। চাকৰিটো তাই বহুত কষ্টৰ ফলতে পাইছিল। বৃদ্ধ মাক গৰাকী তাইৰ উপাৰ্জনতে দুবেলা দুমুঠি খাই বৈ জীয়াই আছে। 
তাইৰ চাকৰিটো মাকৰ ভৱিষ্যত, কেনেকৈ হেৰাই পেলাই তাইৰ অস্তিত্ব....

: কথাটো এবাৰ ভাবি চোৱাচোন প্ৰজ্ঞান, চাকৰিটো এৰি নিদিয়াকৈ সংসাৰ আগবঢ়াব নোৱাৰি নেকি?----লাহেকৈ কথাটো প্ৰজ্ঞানক কৈ তাই দীঘলকৈ উশাহটো টানি ল'লে।
: .
: .
: চাকৰিটো এৰি নিদিয়াকৈ তোমাৰ জানো জীৱনটোত কিবা সম্ভৱ, কোৱা...? চাকৰিটোৰ বাবে তুমি লৰালৰিকৈ ওলাই যোৱা, সেইখিনি সময়ত মই তোমাৰ কোন তুমি এবাৰ ভাবি চোৱানে? বহুত ভাবিলোঁ, বহুত বুজিলোঁ... আজি শেষ সিদ্ধান্ত ল'লো, তুমি মই এক হোৱাৰ বেলেগ ৰাস্তা আৰু নাই। তুমি চাকৰি বাদ দিবয়ে লাগিব...
: কিন্তু, মোৰ কথাবোৰ এবাৰ ভাবি চোৱা প্ৰজ্ঞান;
: এতিয়া বহুত দেৰি হ'ল অৰু, বহুত ভবাৰ পিছতে এইষাৰ আজি কবলৈ বাধ্য হৈছোঁ। এতিয়া সিদ্ধান্ত তোমাৰ, তুমি কি বিচৰা...মোক নে তোমাৰ চাকৰি? ------ খংত চলচলীয়া চকুজুৰিৰে প্ৰজ্ঞানে কৈ দিলে কথাষাৰ।
: মই বিচাৰোঁ চা.....ক....ৰিটো। যিয়ে নেকি মোক তুলি তালি ডাঙৰ দীঘল কৰা মাৰ একমাত্র সম্পত্তি মোৰ এই চাকৰিটো। মোৰ এই চাকৰিটো মোৰ অস্তিত্ব। মই কোনোপধ্যেই এই সুযোগ হেৰুৱাব নোৱাৰো।
: খংত তিঙিৰ তুলা হৈ প্ৰজ্ঞানে কৈ পেলালে অৰুক, তেন্তে মই ডিভোৰ্চ বিচাৰোঁ তোমাৰ পৰা।

            --------ভৰিৰ তলুৱাৰ মাটি নোহোৱা যেন লাগিল অৰুৰ। ইমান দিনে যাক পৃথিৱীৰ সমস্ত বুলি গণ্য কৰি আহিছে, এটা সৰু কথাক লৈ তেওঁ ইমান ডাঙৰ সিদ্ধান্তত অটল হ'ল যে মৰম,ভালপোৱা দলিয়াই পেলাব পাৰিলে নিমিষতে। নাই নোৱাৰে তাই প্ৰজ্ঞানক এৰি এক মূহুৰ্তও থাকিব, নোৱাৰে অনাগত দীঘলীয়া সময়বোৰ প্ৰজ্ঞানৰ ছাঁটো নেদেখাকৈ থাকিব....নাই নোৱাৰে একোয়ে নোৱাৰে প্ৰজ্ঞানৰ অবিহনে। তাই কল্পনাও কৰিব নোৱাৰে প্ৰজ্ঞানৰ অনুপস্থিতি যে তাইৰ বাবে এটি ডাঙৰ শূণ্য। 
কিন্তু, কি হ'ব তাইৰ বৃদ্ধ মাকৰ? প্ৰজ্ঞানৰ টকাৰে পাব নেকি মাকজনী জীয়াই থকাৰ   প্ৰেৰণা। 
এদিন, দুদিন হয়তো দহদিন...... আমনি লাগিব প্ৰজ্ঞানৰ, অৰুন্ধতীৰ মাকৰ খৰছ বহন কৰিবলৈ। এটি সৰু কথা অৰুন্ধতীকে যেতিয়া ডিভোৰ্চৰ কথা কব পাৰিলে,তেনেস্থলত অৰুন্ধতীৰ মাক সময়ত প্ৰজ্ঞানৰ মনত তেনেই নগন্য প্ৰানী হৈ পৰিব। 
পৃথিৱীত মানুহ চিনি পোৱাত বহুত কঠিন। সময়ৰ গতিৰ লগতেই চিনাকিবোৰ অচিনাকি হৈ পৰে..... দিন গৈ বাগৰ সলাই, মানুহৰ মনবোৰেও সময়ৰ দ্ৰুত গতিত উৰা মাৰে পলকতে।
:
:
:
     উকা ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই অকলে দহবছৰত ভৰি দিয়া অৰুই এতিয়া চকুৰে ভালকৈ মনিব নোৱাৰে। প্ৰজ্ঞানৰ চিন স্বৰূপে ডায়েৰীটো লগত লৈ আহিছিল তাই। শেষৰ পৃষ্ঠাৰ প্ৰজ্ঞানৰ গদগদীয়া আখৰৰ সেই লাইন কেইটা এতিয়া অৰুৰ অশ্ৰুভৰা নয়নৰ ক্ষীণ আশা-----
      " জপনাখন খুলি থ'ম সদায় তোমাৰ খোজৰ পদচিহ্ন পাম বুলি.... মিচিকিয়া হাঁহিটো ওঁঠত আঁকি লৈ বন্ধ কৰি ল'বা তোমাৰ সুখৰ টোপলাটি"---------

ধন্যবাদ


পৃষ্ঠা ৩১

পৰিচয় 

আদৃতা শিৱম
শিৱসাগৰ

কাৰ বুকুৰে পোখালে বিচাৰি পায় এটুকুৰা মাটি ! নিজাকৈ অলপ উশাহ ! ফ’ন এটাৰ বাবে সদায় অপেক্ষাৰে ৰোৱা ছোৱালীজনীয়ে নাজানে ৷ সিমূৰৰ ক্লান্ত মাতটোৱে তাইৰ খবৰ সোধে ৷ 
: কেনে আছ’ সোণ ? 
: ভাল ৷
এই এটা শব্দত আশ্বস্ত হোৱা মানুহটোক কোৱা নাযায় ধুমুহাবোৰ ৷ তাই অকলে বুকু পাতি লয় সকলো ৷ নতুন ঘৰখনত তাইৰ সপোনবোৰ পোখাবলৈ নাপালে ৷ শিপাৰে সৈতে উভালি খালত দলিয়াই দিলে তেওঁ ৷ গোঁৱাৰৰ দৰে তেওঁ কেৱল তাইৰ ভুলবোৰকে ধৰি থাকিল ৷ লুকাই লুকাই কান্দিলে তাই ৷ আপোনভোলা মানুহটোৱে নজনাকৈ সহিব খুজিলে অাঘাতৰ পিচত অাঘাত ৷ 

: তোক কোনোবাই কষ্ট দিলে সুদাই নেৰো মই ৷ মোক কবি ৷ 
ককায়েকটোৱে ফুটনি মাৰি কথা কোৱাৰ স্বভাৱ নাই ৷ তাই জানে ৷ দুখবোৰ অকলে পি থ’লে তাই ৷ তাইক বুজিবলৈ এটাই মানুহ ; ডাঙৰ ককায়েকৰ বন্ধু নৈবেদ্য চাংমাই ৷ ককায়েকে ঘৰ এৰি যোৱাৰ পাচৰে পৰা সিয়েই তাইৰ অভিভাৱক ৷ এতিয়া তাকো ক’ব নোৱাৰে চকুপানী সৰাৰ যন্ত্ৰণা ৷ তাতকৈ দহ বছৰৰ সৰু তাই ৷ আদৰুৱা ৷ আলসুৱা ৷ পৃথিৱীৰ সকলোৱোৰ আলফুলীয়া নামেৰে সি তাইক মাতে ৷ ককায়েকৰ পৰী তাই ৷ জোনাকী পৰী ৷ তাইৰ চকুত চকুপানী সহিব পৰাকৈ সি শিল হ’ব নোৱাৰে ৷

সহৃদয়তাৰে তাই মা বুলি মতা মানুহগৰাকীৰ তাইলৈ স্পষ্ট অনাদৰ ৷ অভিযোগ ৷ পুতেকৰ চাকৰিটো দেখি চুচৰি অহা ভিকহুৰ জাত ৷ যৌতুকৰ নামৰ কুটা এগছ ননা ভিক্ষাৰী ৷ নীৰৱে শুনে তাই ৷ শোৱাপাটীত নাক বজাই শুই থকা মানুহটো সুখী ৷ ৰূপৱতী পত্নীৰ দেহসৌষ্ঠৱৰ ৰাগীত উঁটি-ভাঁহি ফুৰাৰ বাদে সংসাৰৰ খবৰ ৰাখিবলৈ তেওঁৰ আহৰি নাই ৷ তাইৰ বুকুতো তেওঁলৈ প্ৰেমৰ বীজ অংকুৰিত নহ’ল ৷ দায়িত্ব বুলি সামৰি লোৱা সংসাৰখন বুজাবুজিৰ বৃত্তত ঘূৰি থাকিল দিবা-নিশি ৷

নাগাভূমিৰ এখন বিদ্যালয়ত শিক্ষকতা কৰি থকা ককায়েক তাইৰ বিয়ালৈ আহিব পৰা নাছিল ৷ আউলিঙৰ বন্ধত ঘৰলৈ আহোতে তাইক চাই আহো বুলি সোমাইছিলহি নতুন ঘৰখনত ৷
ককায়েকক বহিবলৈ দি চাহ কৰিছিল তাই ৷
: এইজন আকৌ তোমাৰ কেনেকুৱা ককাইদেউ ওলালহি ? আগে-পাচে নাম শুনা নাই ৷ নে কিবা লিলিমাই আছিল আগেয়ে ৷ 
সি স্পষ্টকৈ শুনিছিল পৰ্দাৰ সিপাৰৰ মাতষাৰ ৷ তায়ো জানিছিল শুনিছে সি ৷ তাই আগবঢ়াই দিয়া পানী গিলাচ কোট্‌ কোট্‌ কৰি পি সি যাবলৈ উঠিছিল ৷ 

নম্বৰটো ব্লক কৰিছিল সি তাইৰ ৷ 
“কোনোদিন নাহিব মোৰ ঘৰলে” তাই কোৱা নাছিল ৷ সিহে যোৱাটো উচিত বুলি ভবা নাছিল ৷ শেষ ফ’নটোত সি কৈছিল তাইক ; 
: নিজাকৈ এটুকুৰা মাটি লাগে ৷ দুভৰিৰ খোপনি ৰ’ব পৰাকৈ এডোখৰ মাটি ৷
তেজৰ সম্বন্ধ অবিহনেও মানুহ মানুহৰ আপোন হ’ব পাৰে ৷ অমলিন  আত্মীয়তাৰে বান্ধ খাব পাৰে ৷ কিন্তু সেই আপোনত্বক আঙুলি টোঁৱাই মলিন কৰিব খোজা মানুহবোৰৰ বাবে সুহৃদ মানুহেও নিৰাপদ দূৰত্বত অৱস্হান কৰিবলগীয়া হয় ৷ জীৱনশৈলী যিমানেই ডিজিটেল হওক লাগিলে মুকলি মন এটা লৈ ফুৰা মানুহনো কেইজন আছে !

সৰু ল’ৰা-ছোৱালীবোৰৰ দ্বিতীয়জনী মা হ’বলৈ যোগদান কৰিছিলগৈ তাই “কিড্‌ছ ৱৰ্ল্ড” নামৰ স্কুলখনত ৷ কাকো সোধাৰ প্ৰয়োজনবোধ কৰা নাছিল ৷ নতুন সপোন এটা পোখাইছিল তাইৰ কলিজাৰে ৷ যি সপোনেৰে চাব পাৰি আকাশ ৷ খামুচিব পাৰি মাটি ৷ বিচাৰি ল’ব পাৰি নিজাকৈ এটুকুৰা সৰু পৃথিৱী ৷ তাই সুখী ৷

পৃষ্ঠা ৩২

নিভঁ‌জুৱা প্ৰেম

ডুলু অধিকাৰী
সৰভোগ, বৰপেটা

ডিচেম্বৰ মাহৰ সন্ধিয়া । পৃথিৱীলৈ অন্ধকাৰ নামি অহাৰ লগে লগে পাক্ ঘৰত সোমাইয়ে ঠাণ্ডাতে ভৰি দুখনত শিৰশিৰণী এটা অনুভৱ হ'ল মল্লিকাৰ । সন্ধিয়াতে খোৱা চাহৰ বাচন কেইটা ধুই - মেলি লৈ দুপৰীয়াতে তিঁ‌য়াই থোৱা মটৰ কেইটা খৰাহিত ভাল দৰে ধুই চিটী মাৰিবলৈ দিলে । পিঁ‌য়াজ নহৰু খিনি উলিয়াই লৈ সৰু সৰুকৈ কাটি কাঁ‌হী এখনত থ'লে । এনেতে পিছফালৰ পৰা মানৱে তাইক সাৱতি ধৰি ক'লে, " পিঁ‌য়াজ নহৰু খিনি কাটি মইয়ে পেষ্টটো বনাই দিওঁ‌ দিয়া , পিঁ‌য়াজ কাটিলে আকৌ  তোমাৰ  চকুপানী  ওলায়গে নহয় ।" অসংযত ভাবে মল্লিকাই মানৱৰ হাত দুখন গুচাই দি ক'লে ," বুলি আৰু বুমন ক'ত ? Home work বোৰ চালানে সিহঁতৰ ।" " উ -- পঢ়া- শুনা শেষ কৰি লৈ সিহঁত দুইটাকে T V টো দি মই এইখিনি পালোঁ‌হি , ভাবিলোঁ‌ ঠাণ্ডাও পৰিছে বহুত , খাই লৈ সোনকালে বিছনালৈ যোৱাই ভাল ।" ৰন্ধা -বঢ়া কিছু আগ বাঢ়িল , এনেতে মল্লিকাৰ প্ৰিয় বান্ধবী অনুষ্কাৰ ফ'ন আহিল , অসময়ত ফ'নটো নধৰোঁ‌ বুলি ভাবিও তাই ধৰিলে । লগে লগে অনুষ্কাই কৈ উঠিল , " তোক এটা বেয়া খবৰ দিব ওলাইছোঁ‌ , জাননে মলি ? ক চোন কি খবৰ ! বহুদিন ধৰি কিবা পেটৰ বেমাৰত ভুগী আজি কমল ঢুকাল !" মল্লিকাৰ আৰু একো কথা সোধাৰ সাহস নহ'ল । ফ'নটো থৈ লাহে লাহে গৈ পাক্ ঘৰৰ চকী খনতে কিছু সময় বহি ৰ'ল , বুকু খনত যেন কিহবাই হেঁচা মাৰি ধৰিছে তাইৰ ! কমলৰ কথাবোৰ এফালৰ পৰা তাইৰ মনলৈ আহিবলৈ ধৰিলে !
      সেইজন কমলে এদিন তাইক সুধিছিল ," মই যদি বহু দূৰ -দূৰণিলৈ গুচি যাওঁ‌ তোমাক এৰি তেতিয়া তুমি কি কৰিবা ? " লগে লগে তাই তাৰ মুখ খনত হাতখন থৈ কৈ উঠিল " এনে কথা আৰু কেতিয়াও নক'বা কমল ! " তোমাক মই ক'লৈকো যাবলৈ নিদিওঁ‌ ! " কিন্তু আজি যে সি চিৰ দিনৰ বাবে গুচি গ'লগৈ ! ক'ব নোৱাৰাকৈয়ে তাইৰ চকুৰ পৰা উষ্ম চকুপানীৰ টোপাল আহি মাটিত পৰিল ! 
      এৰা এটা সময়ত কমল আছিল তাইৰ দুৰন্ত প্ৰেমীক , দুৰ্বাৰ হেঁপাহ আছিল দুয়োৰে সংসাৰ কৰাৰ ! কিন্তু কমলৰ হাতত কোনো কাম- কাজ নথকা বাবেই ৩০ বছৰ বয়সত মাক- দেউতাকে তাইক মানৱলৈ বিয়া বিয়া দিলে । বিয়াৰ পিছত তাই মানৱক সহজ ভাবে ল'ব পৰা নাছিল । মানৱক দেখিলেই তাইৰ মন প্ৰাণ কমলৰ ওচৰলৈ উৰা মাৰিছিল । তাইৰ আচাৰ আচৰণ দেখি মানৱে আগৰ কথা কিবা আছে নেকি সুধিলে , তাই সকলো কথা সহজ ভাবে মানৱৰ আগত ক'লে । মানৱে তাইৰ সৰলতাক বিশ্বাস কৰি আগতকৈও যেন বেছিকৈহে তাইৰ মনৰ মাজলৈ সোমাই যাব বিচাৰিলে । দিন যোৱাৰ লগে লগে তাইও সহজ হ'ব বিচাৰি নিজেই ধৰা দিয়া হ'ল মানৱৰ মৰমত ! মানৱৰ নিভঁ‌জুৱা প্ৰেমৰ মাজত নিজকে বন্দি কৰিব খুজিলে তাই । তাৰ ফল স্বৰূপেই মায়া সনা সেই সন্তান দুটিৰ আজি মাতৃ তাই ! তথাপি আজি তাইৰ কিয় এনে লাগিছে -- কমলৰ মৃত্যুৰ বাবে যেন তায়েই জগৰীয়া ! এবাৰ ঘৰলৈ যাওঁ‌তে তাই কোনোবাই কোৱা শুনিছিল , কমলে হেনো বৰকৈ মদ খোৱা হৈছিল -- তাইৰ বিয়াৰ পিছৰে পৰা ! 
     এনেতে পুণৰ উপস্থিত হ'ল মানৱ ! তাইৰ চকু চল- চলীয়া হোৱা দেখি ক'লে ," তোমাৰ চকুত পিয়াঁ‌জে ধৰিলে নেকি , নে কি হ'ল ?" " একো হোৱা নাই ৰ'বা , গাটোহে ভাল লগা নাই , কিবা চৰ্দি চৰ্দি ভাৱ এটা হৈছে !" মানৱে সাউৎকৰে গৈ এখন উৰা চাদৰ আনি তাইক উৰাই দি ক'লে " তুমি বহা , মইয়ে ভাত খিনি সাজি বাঢ়ি দিওঁ‌ দিয়া !" সেইদিনা তাই ভাত খাব নোৱাৰিলে , কোনোমতে বিছনালৈ গ'ল । ৰাতিটো তাইৰ ধৰ্ ফৰণি দেখি মানৱৰো টোপনি নাহিল । ৰাতিপুৱা মানৱে ল'ৰা -ছোৱালী হালক স্কুললৈ লৈ গৈ আহোঁতে এগৰাকী ডাক্তৰ লৈ আহিল । ডাক্তৰে ক'লে " অসুখ একো নাই , কেৱল  প্ৰেচাৰটো একেবাৰে  ল' হৈ গৈ হাত ভৰি বোৰ অৱশ হোৱা যেন হৈছে । ঔষধ খালে সকলো ঠিক হৈ যাব !" 
     কথা বোৰ ভাবি ভাবি তাইৰ এনে লাগিল আজি যেন সকলোকে চিঞৰি চিঞৰি কমলৰ কথা বোৰ কৈ পাগলীৰ দৰে ঘুৰি ফুৰিব ! এবাৰ ভাৱে তাই -- দুখ কষ্ট হ'লেও কমলৰ লগত সংসাৰ কৰা হেঁ‌তেন আজি হয়তো এনে হ'বলৈ নাপালে হয় ! এবাৰ আকৌ মাক - দেতাকৰো কথা ভাবে তাই ! তেওঁ লোকেনো ইমান কষ্টৰে পঢ়াই - শুনাই কেনেকে তাইক কাম- কাজ নথকা ল'ৰা এটাৰ লগত বিয়া দিয়ে ! কমলেনো কাম এটা জোগাৰ কৰি ল'ব নোৱাৰিলে নে , অন্তত তাইৰ বাবে  --মাথোঁ তাইৰ বাবে ! এইবোৰ তল ওপৰ ভাবি ভাবি  তাইৰ শৰীৰটো ঠাণ্ডাহৈ নিঠৰ হোৱা যেন হৈ বিচনাতে পৰি থাকিল ! চকু দুটা সামান্য মেল খাওঁতে তাই দেখিলে , মানৱে তাইৰ ভৰি হালত গৰম তেল লগাই লগাই মালিচ কৰি গ'ল আলফুলে মৰমেৰে । তাই মাথোঁ অপলক দৃষ্টিৰে মানৱৰ ফালে চাই ৰ'ল ! কথাষাৰ তাই  কেনেকে ক'ব মানৱক ! নাই -- কথাটো মানৱক ক'ব নোৱাৰিব তাই !


পৃষ্ঠা ৩৩
শিশু বিশেষঃ

শিশুৰ আত্মবিশ্বাস গঠন

আত্মবিশ্বাস জীৱনৰ মূল অস্ত্ৰ। আত্মবিশ্বাসৰ বলতে মানৱে জীৱনৰ কঠোৰ সংগ্ৰামত সফলতা অৰ্জন কৰে। আত্মবিশ্বাস অবিহনে আমি এজন যোদ্ধা হ'ব নোৱাৰোঁ কাৰণ সকলো সফলতাৰ মূলতঃ এই আত্মবিশ্বাস।
  জীৱনত আমাক প্ৰতিটো খোজতে আত্মবিশ্বাসৰ খুবেই প্ৰয়োজন হয়।খোজ কাঢ়িবলৈ শিকাৰ পৰাই আমাক এই আত্মবিশ্বাস গঢ় দিয়াৰ প্ৰয়াস কৰে।আমাৰ অভিভাৱকসকলে আমাক সৰুৰে পৰাই মনত এটা বিশ্বাস যোগাব বিচাৰে যে আমি কামটো কৰিব পাৰিম।প্ৰথম আখৰ শিকোতে,পঢ়িব আৰু লিখা আৰম্ভ কৰোঁতে মা দেউতাই কয় যে পঢ়া পাৰিবা,হৈছে লিখাচোন।এইখিনি প্ৰেৰণাৰ ফলত আমি পাৰিম বুলি নিজতে বিশ্বাস এটি গঢ় দিওঁ আৰু এটা সময়ত আমি সঁচাই কৰি দেখাব,লিখিব ,পঢ়িব পৰা হৈ উঠো।এয়া প্ৰকৃততে মনত অহা বিশ্বাসৰ জোৰ।বিশ্বাসে আমাক দৃঢ় কৰে ,আমাৰ দুৰ্বলতাক পৰাজিত কৰাত সহায় কৰে।
  কোৱা হয় যে 'বিশ্বাসে মিলয় হৰি'।সঁচাকৈ বিশ্বাস আছে বাবেই ভগৱান শব্দটোত চমৎকাৰিত্বা, ঐশ্বৰিক শক্তি আছে।ঈশ্বৰ আমাৰ বিশ্বাস ,এই বিশ্বাসতেই কিন্তু  বহুসময়ত আমাৰ জীৱনৰ সমস্যা সমাধানৰ উপায় ওলায়।বিশ্বাস আছে বাবেই মছজিদ,মন্দিৰ আৰু গীৰ্জাত এক আধ্যাত্মিক শক্তি জী আছে।যিদিনা মানুহৰ মনত বিশ্বাস নোহোৱা হ'ব সিদিনাই হয়তো ভগৱাৰ অস্তিত্ব ত প্ৰশ্ন উঠিব ।যি কি নহওঁক এই বিশ্বাস যেতিয়া নিজৰ মাজত গঠন হ'ব,সুদৃঢ় হ'ব সিদিনা সফলতা নিজে ব্যক্তিজনৰ কাষলৈ আহিব। অৰ্থাৎ আত্মবিশ্বাসে এজন মানুহক কঠোৰ পৰিশ্ৰমী কৰি সফলতা লাভত সহায় কৰে।
আত্মবিশ্বাস এদিনতে গঠন নহয়।ই এক দীঘলীয়া প্ৰক্ৰিয়াৰে গঢ় লয়।আমি আত্মবিশ্বাস ক'ৰ পৰা পাওঁ?কেনেকৈ গঠন কৰো? কেতিয়াবা ভাবি চাইছেনে?শৈশৱৰ পৰা আত্মবিশ্বাস আমাৰ মাজত গঢ় লয়।সৰুতে আমাক আমাৰ অভিভাবক সকলে যেতিয়া সাহস দি কয় পাৰিবা আৰু আমি যেতিয়া নিজকে কৈ দিওঁ পাৰিম ,সময়ত যেতিয়া সঁচাকৈ আমি সফল হ ও আমি তেতিয়া নিজে নিজে সুখ পাওঁ যে হয় আমি কৰিব পাৰিলো।এই যে মনতে ভাব হ'ল যে পাৰিম আৰু সময়ত পাৰিলো এয়াই আত্মবিশ্বাস আৰু আত্মবিশ্বাসৰ ফল।আপুনি মই আমাৰ শিশু টোক কিন্তু পাৰিবা ,কৰাচোন বুলি উৎসাহিত কৰাতকৈ ভুল হে আঙুলিয়াই দিওঁ।সিহঁতক এটি বিশ‌্বাস নিদিওঁ যে সিহঁতৰ মাজতেই সেই গুণ অন্তৰ্নিহিত , সিহঁতে নিজেই সফলতা আজুৰি আনিব পাৰিব।আমি শিশুক আত্মবিশ্বাস হোৱাকৈ কাম কৰাৰ সুবিধায়ে খুব কম দিওঁ।আমি অভিভাবকে সিহঁতে ভুল কৰিব বুলি সকলোতে নিজে আগভাগ লৈ ল ওঁ।এইটো কিন্তু একেবাৰে মৰাত্মক।আমি আমাৰ শিশুসকলক আমাৰ ওপৰত নিৰ্ভৰশীল হবলৈ সুবিধা কৰি দিওঁ। আজিকালি বহু সন্তানে কলেজ পঢ়ি শেষ কৰাৰ পাছতো সকলো কাম অভিভাৱকৰ ওপৰতে এৰি দিয়ে,নিজে একো কৰিবলৈ সাহ নকৰে।প্ৰতিটো কামতে লগ বিচাৰে।এয়া কিন্তু  আত্মবিশ্বাসৰে অভাব। আত্মবিশ্বাসৰ বাবেই বহু সময়ত বহু জীৱনে যুঁজ দিয়াৰ সাহ নকৰে। আত্মবিশ্বাসী জনে সদায় সাহসেৰে থিয় দিয়ে,পৰিৱেশৰ লগত নিজকে খাপ খুৱাই নিয়ে।
সেয়েহে আমি আমাৰ সন্তানক,শিশুক সৰু সৰু কামৰ জৰিয়তে আত্মবিশ্বাস গঢ়াৰ সুবিধা দান কৰিব লাগে।এয়া আমাৰে দায়িত্ব আৰু কৰ্তব্য। 

ৰাজশ্ৰী বৰা
গোলাঘাট

পৃষ্ঠা ৩৪

গ্ৰন্থ আলোচনাঃ

অনুভৱ‌‌ "এমুঠি জোনাক"ৰ


এমুুঠি জোনাক
কবি ঃ জোনা বৰঠাকুৰ
প্ৰকাশক ঃ অংকুৰণ প্ৰকাশন, যোৰহাট
মূল্য ঃ ৮০.০০ টকা

প্ৰিয় কবি জোনা বৰঠাকুৰৰ অনন্য প্ৰাঞ্জল সৃষ্টিৰ সৈতে মোৰ চিনাকি হৈছিল- "ফেচবুক"ৰ মাধ্যমত। তাৰ পিছত কবিতাৰ পৰশে সৃষ্টি কৰিছিল গভীৰ আত্মীয়তা। জীৱনৰ বহু তিতা-মিঠা অভিজ্ঞতাৰে কবিয়ে সৃষ্টি কৰিব পাৰিছে সুখ-দুখ,প্ৰেম-বঞ্চনা,বিদাৰক‌অনুভৱ, দেশপ্ৰেম, জাতীয়তাবোধৰ‌ প্ৰাণোময় অনুভৱী উপহাৰ,কবিতাৰ‌ বিস্তৃত পৃষ্ঠাৰ হৃদয় স্পৰ্শক বৰ্ণিল কথাৰে। প্ৰায় ৬০ টা কবিতা আৰু এমুঠি স্তৱকৰে সজ্জিত সুন্দৰ বেটুপাতৰ আকৰ্ষণীয় কাব্য সংকলনৰ নাম কিয় কবিয়ে"এমুঠি জোনাক" ৰাখিলে সেই নেপথ্য কথা কবিৰ বাহিৰে আমি জনাৰ উপায় নাই যদিও কবিতাই বহু কথা কয়।

"মা, তুমি
সপোনৰ
দীৰ্ঘতম কবিতা।"
আই অথবা জননীক‌ লৈ কবিৰ‌ যি সুন্দৰ অনুভৱ সেয়া মাত্ৰ"মা" কবিতাটোৰ প্ৰথম শাৰীতেই বুজা যায় । তাৰোপৰি সমাজৰ প্ৰতি থকা কবিৰ আহ্বান তথা সমাজৰ শোষিত বঞ্চিত জনৰ‌ প্ৰতি কবিৰ চেতনাবোধ পৰিস্ফূত হয় কবিৰ "নিৰ্ভীক চিয়াঁহী" আৰু"দুবৰি" কবিতাত। আনহাতেদি"মানৱতাৰ বধ্যভূমি" কবিতাটিত কবিয়ে সমাজৰ এটা নিৰ্দিষ্ট শ্ৰেণীৰ ওপৰত দকৈ চিন্তা কৰা দেখা গৈছে তাকো অতি কম শব্দত।

"মুধচহীন পঁজা,উদং ভৰাল
ক'ত ৰাখিবি নতুন অতিথিক
ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট
সোৱনশিৰিৰ গৰ্ভত জাহ যায় গাঁও মাটি সৰ্বোচ্চ।"
"জাগ অসমীয়াৰ সন্তান" কবিতাটিত কবিৰ মন প্ৰাণ সমৰ্পিত হোৱা দেখা যায় দেশমাতৃৰ গভীৰ প্ৰেমত।একেই প্ৰতিধ্বনি শুনা যায়, জ্যোতি প্ৰসাদ আগৰৱালা‌ দেৱৰ কালজয়ী সুন্দৰতম সৃষ্টিত।
"গাঁৱৰ জুপুৰি ইকৰাৰে সজা
তাতে থাকে ভৱিষ্যতৰ আধাপেটি ৰজা
আহ‌ ঐ আহ
আহ‌ আমি বুজ‌ লওঁ ।"
এয়া আছিল দেশৰ দুৰ্দিনৰ বিপ্লৱী তথা কৰুণ কবিতা।একেই অনুভৱৰ ছন্দ‌ স্পন্দনে কপাই যায় কবি জোনা বৰঠাকুৰৰ প্ৰায়বোৰ কবিতাৰ অপূৰ্ব আবেদনে পাঠকৰ মন । কবি বৰঠাকুৰৰ বিষাদ বঞ্চনাৰ প্ৰতিধ্বনিত প্ৰকাশিত ছন্দমালাৰ অপূৰ্ব সৃষ্টিয়ে আজিৰ পৃথিৱীত পাঠকৰ মনৰ চাহিদাক‌ তৃপ্তি দিব পৰা ক্ষমতা ৰাখিছে,তাতো কোনো সন্দেহ নাই।
"সংগোপনে বাঢ়িল জীয়া‌‌ভৰালীৰ সোঁত
ভাঙি থৈ গ'ল দুখুনীৰ পঁজা
লাগিল মোহনাত ভঙা হিয়া।"

যেন জ্বলি থকা প্ৰেমৰ মল্লিকা নুমাই যায় মৰু প্ৰান্তত নিৰ্বিঘ্নে অনিৰুদ্ধ গতিত অহা প্ৰৱল ধুমুহাত,আহত কৰে বিষাক্ত শৰ পাতে,আৰ্তকণ্ঠত চিঞৰি কৈ যায় কবিতাৰ নিদাৰুণ ছন্দত ধাৰণা হয় জীৱনৰ অংকত আউল লগোৱা প্ৰেমৰ‌ সমীকৰণে প্ৰতীয়মান‌ কৰিলে --- প্ৰেম ৰূপান্তৰিত হ'ব পাৰে বিষাক্ত গৰললৈ, প্ৰেমৰ অট্টহাঁহিয়ে দিব পাৰে অন্ধকাৰ কোঠাত এটি মৌন আত্মাৰ‌ যন্ত্ৰণাকাতৰ কঠিন বিদায়।
"এমুঠি জোনাক"ৰ প্ৰতিটো পৃষ্ঠাতে কবিয়ে পাঠকৰ মননশীল তৃষ্ণাৰ খোৰাক সুন্দৰকৈ ৰাখিছে, আছে ক্লান্তৰ সঞ্জীৱনী।পাঠকৰ‌ মৰম চেনেহ পালে কবি নিশ্চয় অনুপ্ৰাণিত হ'ব আৰু ভৱিষ্যতে ভাষা-সাহিত্যলৈ দিব পাৰিব সুন্দৰ সৃষ্টিশীল উপহাৰ।কবিৰ সাধনাৰ সুবাস‌, মানুহৰ হৃদয়ৰ প্ৰাপ্তিৰ সুবাস হওক, তাৰেই শুভাশীষ ৰাখি‌ কবি জোনা বৰঠাকুৰৰ উজ্জ্বল ভৱিষ্যত কামনাৰে মোৰ অনুভৱৰ কথাখিনিৰ অবাঞ্চিত ভুলৰ মাৰ্জনা বিচাৰি সামৰিছো।কবিৰ যাত্ৰাপথ‌ সুন্দৰ হওক।

ধৰ্মেন্দ্ৰ বৰা
কবি,নিবন্ধকাৰ
পাইকানা, কামৰূপ
দূৰভাষঃ ৯৭০৬১৮২৬৫৭


পৃষ্ঠা ৩৫
গ্ৰন্থ আলোচনাঃ

শৰ্মীষ্ঠা বৰ্মনৰ
'মোৰ ভ্ৰমণ ডায়েৰী' সম্পৰ্কত মতামত

"The world is a book and those who do not travel read only one page" 
কথাষাৰ একেবাৰে উলাই কৰিব নোৱাৰি। হয়, ভ্ৰমণে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে; বিভিন্ন ঠাইৰ ভ্ৰমণৰ পৰা আমি সেই ঠাইসমূহৰ বৈশিষ্ট, জলবায়ু, খাদ্যাভ্যাস, সাজ-সজ্জাৰ লগতে সেই ঠাইৰ মানুহৰ পৰম্পৰাগত কলা-কৃষ্টি আদি বিভিন্ন দিশৰ বিষয়ে বহু কথা জানিব পাৰোঁ। আজি "ভ্ৰমণ-সাহিত্য" প্ৰত্যেক ভাষাৰে এক অবিচ্ছেদ্য আৰু প্ৰয়োজনীয় অঙ্গ হৈ পৰিছে। কিন্তু এইটোও সঁচা যে সকলো ভ্ৰমণকাৰীয়েই নিজৰ "ভ্ৰমণ-অভিজ্ঞতা"ৰ বিষয়ে সজাই পৰাই লেখিব নাজানে। অৰ্থাৎ তেওঁলোক লেখক-লেখিকা নহয়; সেই কাৰণে, বহু সময়ত ভ্ৰমণ সম্বন্ধে জানিবলগীয়া বহু প্ৰয়োজনীয় সূচনাৰ (information) পৰা আমি বঞ্চিত হওঁ।
        এইখিনিতে উল্লেখযোগ্য যে অসমীয়া ভাষাত কিতাপ আকাৰে প্ৰথম ভ্ৰমণ কাহিনীৰ গ্ৰন্থখন প্ৰকাশ হ'য় ১৮৯৩ চনত ("ব্ৰহ্মযাত্ৰীৰ ডায়েৰী" - আনন্দ চন্দ্ৰ আগৰৱালা)। পৰৱৰ্তী সময়ত বিৰিঞ্চি কুমাৰ বৰুৱা, হেম বৰুৱাকে আদি কৰি বৰ্তমানলৈকে ভালে সংখ্যক লেখক-লেখিকাৰ ভিন্নস্বাদৰ ৰচনাৰে আমাৰ ভ্ৰমণ-সাহিত্যৰ ভঁৰাল যথেষ্ট চহকী হৈ আছে বুলি আমাৰ ধাৰণা। ইতিমধ্যে অসমীয়া সাহিত্য জগতত নিজৰ পৰিচয় দাঙি ধৰা শ্ৰীমতী শৰ্মীষ্ঠা বৰ্মনে কবিতা আৰু গল্পৰ সমান্তৰালকৈ বিভিন্ন আলোচনীত ধাৰাবাহিকভাৱে সুন্দৰ সুন্দৰ ভ্ৰমণ-কাহিনীও লেখি আহিছে। পৃথিবীৰ অন্যতম বৃহত গণতন্ত্ৰ আমাৰ এই ভাৰত উপ-মহাদেশৰ প্ৰান্তে প্ৰান্তে, প্ৰায় প্ৰতি বছৰে কৰা ভিন্নস্বাদৰ ভ্ৰমণ অভিজ্ঞতাৰে প্ৰকাশ কৰিবলৈ ওলোৱা শৰ্মীষ্ঠা বৰ্মনৰ "মোৰ ভ্রমণ ডায়েৰী : প্রথম খণ্ড" শীৰ্ষক কিতাপখন নিঃসন্দেহে অসমীয়া ভাষাৰ "ভ্ৰমণ সাহিত্য"লৈ এক মূল্যবান অৱদান হ'ব। তেওঁৰ প্ৰতিটো ভ্ৰমণ কাহিনীতে যিদৰে শৃঙ্খলাবদ্ধ গতিশীলতা দেখিবলৈ পোৱা যায়, সেইদৰেই কতো উজুতি নোখোৱাকৈ পাঠকক লৈ ফুৰাব পৰাৰ অভিনৱ কৌশলো স্পষ্টভাৱে দেখা যায়। সঁচা অৰ্থত লেখিকাৰ ভ্ৰমণ পিয়াসী মনটোৱে তেওঁক এক প্ৰকাৰ "ভ্ৰমণ-বলিয়া" কৰি তুলিছে। বহু সময়ত গা'ৰ নোম শিয়ৰি উঠাকৈ কৰা জীৱন্ত বৰ্ণনাই আমাকো সমানে শিহঁৰিত কৰি মনৰ মাজত এক ৰোমাঞ্চকৰ পৰিস্থিতিৰ অনুভৱ কৰোৱায়। লেখিকাৰ ভাষাৰেই...
    "২০১৩ চনৰ ১৫ জুনৰ দিনা আমি উত্তৰাখণ্ডৰ ৰামনগৰৰ লগতে তাৰ ওচৰে - পাঁজৰে থকা দুই - এখন পাহাৰীয়া ঠাই ফুৰিবলৈ মনস্থ কৰিছিলোঁ.....কিন্তু হঠাতে মাজৰাতি এওঁ ক'লে যে .....দুয়োপক্ষৰ ঘৰৰ পৰা উপৰা-উপৰিকৈ 'ফোন' আহিবলৈ ধৰিছিল।'ফোন'টো ধৰাৰ লগে লগে "তহঁতি ভালে কুশলে আছনে? এতিয়া ক'ত আছ তহঁত?" আদি চিন্তাক্লিষ্ট প্ৰশ্নৰ জোৱাৰ ভাটা প্ৰবাহিত হ'ব ধৰিছিল।..... তেওঁলোকক ইমান চিন্তাৰ কাৰণ সোধাত কৈছিল "১৬ জুনৰ দিনা উত্তৰাখণ্ডত ডাৱৰ ফাটি সৃষ্টি হোৱা প্ৰলয়ঙ্কাৰী বানে তাণ্ডৱ কৰিছে। বাতৰি চা।"
   একেদৰেই একেটা ভ্ৰমণ কাহিনীতে বৰ্ণনা কৰা কেইটামান বাক্যৰ পৰাই আমি লেখিকা গৰাকীৰ সুক্ষ্ম পৰ্য্যবেক্ষণ ক্ষমতা তথা কাহিনী লেখাৰ দক্ষতাৰ উমান পাব পাৰোঁ।
    ....."মাশ্বৰুমৰ খেতিৰ বাবে বিখ্যাত Solan গৈ পোৱাৰ পাছত .....আগতীয়াকৈ 'বুকিং' নকৰাকৈ গৰমৰ দিনত চিমলালৈ যোৱাটো মূর্খামিৰ কাম..... মানুহে কেতিয়া কেনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় সেয়া ক'ব নোৱাৰি ..... আমাক ঈশ্বৰে হঠাতে কেনেকৈ যে সদ্বুদ্ধি  দি সেই সময়ত নভবা - নিচিন্তা চিমলালৈ পঠিয়াই আমাৰ প্রাণ ৰক্ষা কৰিছিল।"
    এনেকৈয়ে তেওঁৰ প্ৰতিটো ভ্ৰমণ কাহিনীতে সকলো শ্ৰেণীৰ ভ্ৰমণকাৰীয়ে জানিবলগীয়া অথচ বিশেষ গুৰুত্ব নিদিয়া বহু কথাৰ সম্ভেদ অতি তন্ন তন্নকৈ বৰ্ণনা কৰি পাঠকক সৰু সৰু খুটি-নাটি সম্পৰ্কে বিস্তাৰিতভাৱে বুজাই দিছে। পাঠকৰ উৎসুকতা বঢ়াই থকা এনেবোৰ informative বৰ্ণনাৰে ভৰি থকা তেওঁৰ ভ্ৰমণ কাহিনীসমূহ সদায়ে ৰসঘন হোৱাৰ ওপৰিও ভিন্নস্বাদৰ বুলি একে আষাৰে ক'ব পাৰি। এক কথাত ক'বলৈ গ'লে লেখিকা নিজেই এগৰাকী অতি দুঃসাহসী পর্য্যটক। 

মাণিক চন্দ্ৰ দাস 
"অসম সাহিত্য সভা, দিল্লী"ৰ সহঃ সাঃ সম্পাদক তথা আলোচনী সম্পাদক,
"অসম এচোছিয়েচন, দিল্লী"ৰ প্ৰাক্তন আলোচনী সম্পাদক,
"বিয়লি চ'ৰা, দিল্লী"ৰ কোষাধ্যক্ষ,
কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া ৷

(সংযোজন ঃ শৰ্মীষ্ঠা বৰ্মনৰ 'মোৰ ভ্ৰমণ ডায়েৰী (প্ৰথম খণ্ড)' শীৰ্ষক গ্ৰন্থখন শীঘ্ৰে প্ৰকাশ পাব। গ্ৰন্থখনৰ বাবে আগ্ৰহীসকলে প্ৰকাশক অংকুৰণ প্ৰকাশনৰ লগত আগতীয়াকৈ যোগাযোগ কৰিব পাৰিব।)

পৃষ্ঠা ৩৬
চিত্ৰকল্পঃ


আঁকিছেঃ
তেজস্বিনী বৰঠাকুৰ
যোৰহাট

পৃষ্ঠা ৩৭
শেষ পৃষ্ঠাৰ লেখাঃ

ব্যতিক্ৰমী চিন্তা: এক অনন্য শৈক্ষিক বিপ্লৱ

ভাস্কৰজ্যোতি ডেকা
গুৱাহাটী, ভ্ৰাম্য ঃ 8822854069

ব্যতিক্ৰমী চিন্তাৰে অনন্য শৈক্ষিক বিপ্লৱৰ সুচনা কৰিছে  এক দম্পতীয়ে ৷ মহানগৰীৰ পামহিত সাজি উলিয়াইছে এখন পৰিৱেশ মৈত্ৰী বিদ্যালয় য’ত মাচুলৰ পৰিবৰ্তে গ্ৰহণ কৰি আহিছে পেলনীয়া প্লাষ্টিক ৷ সুদুৰ আমেৰিকাৰ মাজিন মুখতাৰ আৰু অসমৰে জীয়ৰী পাৰমিতাই সাজি উলিওৱা এই অক্ষৰ ফ’ৰাম নামৰ বিদ্যালয়খনলৈ অহা প্ৰতিগৰাকী ছাত্ৰছাত্ৰীয়ে প্ৰতিদিনে লৈ আনিব লাগে পেলনীয়া প্লাষ্টিক । দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু আধাতে স্কুল এৰা এই ছাত্ৰছাত্ৰী সকলক স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে বিনামূলীয়াকৈ প্ৰদান কৰা হয় বৃত্তিমুখী শিক্ষা । বিদ্যালয়খনতেই পেলনীয়া প্লাষ্টিক ব্যৱহাৰযোগ্য কৰি তোলা হয় ৷ মুলত সকলোৰে বাবে শিক্ষা প্ৰদানৰ লক্ষ্যৰে আৰু প্লাষ্টিকৰ পৰা হোৱা ভয়াৱহ প্ৰদূষণ ৰোধ কৰি ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰি তোলাৰ উদ্দেশ্য গঢ়ি তোলা হৈছে এই ব্যতিক্ৰমী বিদ্যালয়খন ৷ বিদ্যালয়লৈ অহা প্ৰতিগৰাকী ছাত্ৰছাত্ৰীক বিদ্যালয়খনতেই দিয়া হয় উপাৰ্জনৰ পথ; কিয়নো উচ্চ ।শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলে নিম্নশ্ৰেণীৰ ছাত্ৰছাত্ৰীক শিক্ষা প্ৰদান কৰে আৰু যাৰ বিনিময়ত তেওঁলোকে লাভ কৰে দৰমহা ৷ শেহতীয়াকৈ এই বিদ্যালয়খনৰ আৰ্হিত চৰকাৰী বিদ্যালয় স্থাপনৰ বাবে নতুন দিল্লীৰ চৰকাৰ পৰাওঁ আমন্ত্ৰণ লাভ কৰিছে মাজিন আৰু পাৰমিতাই৷ এইদৰে এতিয়া দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ সচেতন লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই দম্পতী ৷

পৃষ্ঠা ৩৮


Post a Comment

0 Comments