পৃষ্ঠা ১
বেটুপাতঃ ১
পৃষ্ঠাঃ ২
বেটুপাত ২ঃ
পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰিবলৈ
অনুৰোধ জনোৱা হ'ল।
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ
লেখা পঠিওৱাৰ নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 ডিচেম্বৰ, 2020
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা
অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।
পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চৰাতঃ
১/ সম্পাদকীয়ঃ পৃষ্ঠা ৫
ৰাস পূৰ্ণিমা
২/ প্ৰৱন্ধ: পৃষ্ঠা ৬-৮
ক/ সত্যনাৰায়ণ দেৱতাৰ উৎসৰ সন্ধানতঃ হিন্দু ধৰ্মলৈ ইছলামৰ অৱদান সত্যনাৰায়ণ পূজা
(হেম চন্দ্ৰ শইকীয়া)
খ/ বৃহত্তৰ অসমীয়া জাতি গঠনত চাওলুং চুকাফাৰ অৱদান (ময়ূৰী ভট্টচাৰ্য বৰুৱা)
গ/পাখি লাহী সময়ৰ স'তে আমি (মঞ্জুমালা শৰ্মা ভট্টচাৰ্য)
৩/ ধাৰাবাহিক উপন্যাসঃঃ পৃষ্ঠা ৯-১১
ক/ধুমুহাই ভঙা সপোন (দুৰ্গেশ্বৰ শইকীয়া)
খ/ অভিশ্ৰুতি (চয়নিকা বৰুৱা)
গ/ পথভ্ৰষ্ট ডিম্বাণু (ধাৰাবাহিক গল্প) (বাস্তৱ বৰা)
৪/ অণুগল্পঃঃ পৃষ্ঠা ১২
ক/ মৰ্য্যদা ( হেমা চৌধুৰী গগৈ)
খ/ অস্তাচলৰ আবেলি (স্নিগ্ধা বৰুৱা বড়া)
গ/সুখ(নয়নী হাজৰিকা)
৫/ এক মিনিটৰ গল্পঃ পৃষ্ঠা ১৩-১৪
ক/ ব্যতিক্ৰম (আদৃতা শিৱম)
খ/ স্বাৱলম্বী (নিহাৰীকা বৰগোঁহাই)
৬/ অনুবাদ কবিতাঃ পৃষ্ঠা ১৫-১৬
ক। পৃথিৱীৰ উত্তৰ (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ Earth's Answer by William Blake
খ/ বাঘ (অনুবাদঃ প্ৰাঞ্জল কুমাৰ লাহন)
মূলঃ হিন্দী ( কেদাৰনাথ সিং)
৭/কবিতাঃঃ পৃষ্ঠা ১৭-২৭
ক/বোধিদ্ৰোম (ৰুদ্ৰ সিংহ মটক)
খ/কবিতাৰ প্ৰেমত পৰোঁ বাবেই (দুষ্যন্ত এম বৰুৱা)
গ/এটি মলিয়ন চোলাৰ অস্পষ্ট পদ্য(গৌৰৱ বৰুৱা)
ঘ/জীৱন (নৱজ্যোতি শইকীয়া)
ঙ/ মই তোমাক ভাল পাওঁ (প্ৰীতিৰেখা দাস)
চ/ হৈমন্তিক(অমৃত শইকীয়া)
ছ/সপোনৰ স্তৱক(স্বপ্নালী কলিতা)
ছ/ এটি কিৰণ (ঈশিতা কটকী)
জ/ অভিশপ্ত সন্ধ্যা (পৰিস্মিতা নাথ)
ঝ/আন্তৰ্দয় (ঋকশিখা কাশ্যপ)
ঞ/সপোন (বুধেন কোঁৱৰ)
ট/ ব্যৰ্থ মোৰ জীৱন (মঞ্জুমা বৰকাকতি)
৮/ অনুভৱঃঃ পৃষ্ঠা ২৮-২৯
ক/ লেছেৰি (অৰ্চনা শইকীয়া)
খ/আঘোণৰ পথাৰত কিতাপ পঢ়াৰ মাদকতা(প্ৰস্তুতি শৰ্মা)
৯/ নিৱন্ধঃ পৃষ্ঠা ৩০
মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিত্ব আৰু কৃতিত্ব (বন্দিতা শৰ্মা)
১০/ গ্ৰন্থ পৰ্যালোচনাঃ পৃষ্ঠা ৩১
দেওলাংখুই (প্লাবিতা মহন্ত)
১১/ ভ্ৰমণ কাহিনীঃঃ পৃষ্ঠা ৩২
মোৰ ভ্ৰমণ কাহিনী ৮
"চেভেন ঔণ্ডাৰ পাৰ্ক, কোটা (শৰ্মীষ্ঠা বৰ্মন)
১২/ নীলা খামৰ চিঠিঃঃ পৃষ্ঠা ৩৭
মায়াশ্ৰী বড়া
১৩/ অনুবাদ গল্পঃপৃষ্ঠা ৩৯
ভাৰাটে বৃত্তান্ত ( অনুবাদঃ বাসুদেব দাস, মূল বাংলাঃ সুজয় চক্ৰৱৰ্তী)
১৪/ গল্পঃঃ পৃষ্ঠা ৪০-৪১
ক/ পৰিচয় (ইলা চেতিয়া)
খ/এলবামত হেৰোৱা ছবি (পল্লৱী ফুকন)
১৫/ ৰেচিপিঃ পৃষ্ঠা ৪২
অমিতা জেলি (গীতাৰ্থী বৰঠাকুৰ)
১৬/ সাক্ষাৎকাৰঃঃ পৃষ্ঠা ৪৪
কবি ৰণ্জিৎ গগৈ ( সংগ্ৰাহকঃ মঞ্জিত হাজৰিকা)
১৭/ শিশু সাহিত্যঃঃ পৃষ্ঠা ৩৮
শিশুৰ সুস্থ মানসিকতাৰ অন্তৰালত ( ৰাজশ্ৰী বৰা)
১৮/ শিশু মডেলঃ পৃষ্ঠা ৪০
১৯/ শেষ পৃষ্ঠাৰ লেখাঃঃ পৃষ্ঠা ৪৭
বীৰ পুৰুষ লাচিত বৰফুকন (মঞ্জিত হাজৰিকা)
পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ শ্যামলী মহন্ত।
ঠিকনা: তেজপুৰ।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।
বিশেষ ঘোষণাঃ
পষেকীয়া ই-আলোচনী অঙ্গন আৰু মাহেকীয়া শিশু আলোচনী অকণিৰ অংকুৰণৰ প্ৰকাশক অংকুৰণ প্ৰকাশনৰ পৰা প্ৰকাশ পাবলগীয়া ২০২১ বৰ্ষৰ কেলেণ্ডাৰৰ বাবে ফটো বিচৰা হৈছে। আগ্ৰহী সকলে শীঘ্ৰে 8638310699 নম্বৰত যোগাযোগ কৰক।
পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ
ৰাস পূৰ্ণিমা
জগতৰ অতিকৈ চিৰ পৰিচিত নাম ৰাধা-কৃষ্ণ। ৰাধা কৃষ্ণৰ কাহিনী নজনা-নুশুনা মনুষ্য এই পৃথিৱীত নাই। প্ৰেম ভালপোৱা মানেই যেন ৰাধা কৃষ্ণ। প্ৰেমৰ প্ৰকৃত সংজ্ঞাই হৈছে ৰাধাকৃষ্ণ। ৰাধা যাৰ হৃদয় কৃষ্ণতে বিলীন হৈছিল, যি জীৱন মানে কৃষ্ণ প্ৰেম বুলি মানিছিল। কৃষ্ণৰ প্ৰতি ৰাধাৰ হৃদয়ত ভালপোৱা জাগ্ৰত কৰিছিল কৃষ্ণৰ বাঁহী টোৱে। বাঁহীৰ সুৰে প্ৰথম ৰাধাৰ হৃদয়ত অনুভবৰ ঢৌ তুলিছিল। এই অনুভবেই এদিন ৰাধা কৃষ্ণৰ ধুনীয়া প্ৰেম কাহিনী ৰচনা কৰিলে।সঁচাই প্ৰেম কি, প্ৰেমৰ ধুনীয়া ক'ত এই সকলোবোৰ ৰাধা কৃষ্ণৰ প্ৰেম কাহিনীত স্পষ্ট হৈ আছে। প্ৰেম কি এয়া শিকাবলৈয়ে ৰাধা কৃষ্ণৰ অৱতাৰ লৈ নাৰায়ণ আৰু লক্ষ্মী পৃথিৱীলৈ আহিছিল। প্ৰেম কেৱল প্ৰাপ্তি নহয়, নহয় ই মাথো আকৰ্ষণ। প্ৰেম শৰীৰৰ সৌন্দৰ্য ত নহয়। প্ৰেম হৃদয়ৰ অনুভব, এই অনুভব স্বতঃস্ফুট। ই নামানে একো বিচাৰ। এই প্ৰেমৰো কোনো সীমাৰেখাও নাই। কৃষ্ণৰ প্ৰেমে কিন্তু ত্যাগ কি সেয়াও শিকাইছে। ভালপোৱাত আসক্তিক পৰাজয় কৰিব পাৰিব লাগিব। ভালপোৱাজনক নিজৰ সুখৰ বাবে ব্যৱহাৰ কৰাটো প্ৰেম নহয়। প্ৰেমে কোনো সীমাৰেখা অংকন নকৰে। ই জীৱনক জী থকাৰ হেঁপাহ প্ৰদান কৰে। বসন্তৰ পৰশ পাই যিদৰে প্ৰকৃতি সেউজ হৈ ধুনীয়া হয় একেদৰে সঁচা প্ৰেমে মনক সজাবলৈ শিকায়। জীৱন যেন বৰ মৰমৰ ,আপোনজনৰ সুখৰ বাবে জী থাকিবলৈ বিচৰাতে প্ৰেমৰ সৌন্দৰ্য।কৃষ্ণৰ প্ৰেম ৰাধা যদিও কৃষ্ণৰ বাবে একে ভালপোৱা লৈ ফুৰা শত শত গোপীৰ প্ৰেমকো কৃষ্ণ ই সন্মান দিছিল। তেওঁৰ লোকৰ হৃদয়ৰ অনুভবকো গুৰুত্ব দিছিল। কৃষ্ণ প্ৰেমৰ এটি ৰীতি হৈছে ৰাসলীলা। কৃষ্ণৰ জন্মৰ মূলতেই লীলা ৰচনা।আচৰিত যদিও সত্য যেন বোধ হয় এই প্ৰেমৰ প্ৰতিটো ঘটনা।তাতকৈ ডাঙৰ কথা এই প্ৰেমে যুগে যুগে হৃদয়ত ঠাই লয়।ৰাসলীলা হৈছে প্ৰেম গভীৰ হোৱা,নিবিড় সময়।এই সময়খিনিত ৰাধা কৃষ্ণৰ প্ৰেমে পৃথিৱীৰ বুকুলৈ প্ৰেমৰ অমিয়া নমাই আনিছিল। এই প্ৰেমৰ ভাৱনাতেই জীৱনে ৰং বিচাৰি পায়। ৰাধা কৃষ্ণৰ এই প্ৰেমেই পৰম সুখৰ একমাত্ৰ পথ।
হেমেন নাথ
সম্পাদক
(9678696861)
অঙ্গন, পষেকীয়া ই-আলোচনী
পৃষ্ঠাঃ ৬
প্ৰৱন্ধঃ
সত্যনাৰায়ণ দেৱতাৰ উৎসৰ সন্ধানত:
হিন্দু ধৰ্মলৈ ইচলামৰ অৱদান : সত্যনাৰায়ণ পূজা
হেম চন্দ্ৰ শইকীয়া, যোৰহাট
ফোন নংঃ +91 86385 90905
মধ্যযুগৰ ভাৰতবৰ্ষত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ মাজতে বহু সাধু-সন্ত তথা মহাপুৰুষৰ আৱিৰ্ভাব হোৱা কথাটো সৰ্বজনবিদিত । ইচলাম ধৰ্মৰ সাধু-সন্তসকলক 'পীৰ' বুলি কোৱা হৈছিল । তেনে এজন মহান পীৰ হৈছে হকপীৰ (আৰবীত 'হক' শব্দৰ অৰ্থ সত্য) । এই হকপীৰৰে অপভ্ৰংশ হৈছে সত্যপীৰ । হকপীৰ বা সত্যপীৰৰ মূল নাম হৈছে শেখ জালালুদ্দিন টব্ৰিজী । ইৰফান ছফৱীৰ মতে পাৰস্যৰ টব্ৰেজ চহৰত তেওঁৰ জন্ম হৈছিল আৰু পিছত তেওঁ বাঘদাদ চহৰলৈ যায় । বাঘদাদত তেওঁ চাহাবুদ্দিন চুহ্ৰাৱৰ্দ্দীৰ ভক্ত হিচাপে কিছুকাল কটোৱাৰ পিছত ভাৰতবৰ্ষলৈ আহি দিল্লীত কিছুকাল অতিবাহিত কৰে । দিল্লীৰ বিখ্যাত পীৰ নিজামুদ্দিন আউলিয়াৰ ককাদেউতাক এই জালালুদ্দিন টব্ৰিজীৰে শিষ্য আছিল । দিল্লীত কিছুকাল থকাৰ পিছত তেওঁ বংগলৈ আহে । ড° সুকুমাৰ সেনৰ " History of Bengali Literature"(1960, P.159) গ্ৰন্থখনৰ মতে লক্ষ্মণসেনৰ ৰাজত্বকালত শেখ জালালুদ্দিন বংগলৈ আহে।
বংগদেশত এইজন সন্ত 'সত্যপীৰ' নামেৰে বিখ্যাত হয়। ড° সুকুমাৰ সেনৰ মতে প্ৰধানকৈ হিন্দু কবিসকলেহে সত্যপীৰ পাঁচালী লিখি এইজন সত্যপীৰক প্ৰতিষ্ঠা কৰে । ড° সুকুমাৰ সেনৰ ভাষাৰে--" The traditional stories of the local Muslim saints ('Pir') were woven with romantic tales to form a new type of religious poetry in West and North Bengal and were responsible for the emergence of a new deity called Satyanarayan (i.e.Haq the Narayana) by the Hindus and Satya Pir (i.e. Haq the Pir) by the Muslims. The writers of such poems (Satyapir Pancali) were mostly Hindus. The earliest traditions regarding the Muslim Pirs in Bengal are recorded in Sekasubhodaya(circa 1550) written in hybrid language which is as much Sanskrit as Bengali. It contains stories of the spiritual powers of Sheikh Jalaluddin who, as the book says, came to Bengal during the reign of Laksmanasen."(History of Bengali Literature, 1960, P.159).
আনহাতে ইৰফান ছফৱীৰ মতে এইজন সত্যপীৰ কামৰূপলৈও আহিছিল আৰু মৃত্যুপৰ্যন্ত কামৰূপতে আছিল । বিখ্যাত পৰিব্ৰাজক ইবন বটুতাই এইজন সন্তকে সাক্ষাৎ কৰিবলৈ 1346 খ্ৰীষ্টাব্দত কামৰূপলৈ আহিছিল আৰু সেই কথা তেওঁৰ "The Rehla of Ibn Batuta"(অনুবাদক: Madhi Hussain) গ্ৰন্থত এনেদৰে লিখি গৈছে-----
" The Kamru mountains are a vast expanse ranging from China to Tibet, and the musk producing gazells are found there. ... My object in going to these mountains was to meet one of the saints living there, namely Shaikh Jalaluddin of Tabrez."
এইজন পীৰক হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে শ্ৰদ্ধা-ভক্তি কৰাৰ কথা ইবন বটুতাই এনেদৰে লিখি গৈছে----" The inhabitants of that locality, Musalman, as well as Hindus, come to visit the Shaikh and bring him presents and gifts which the fakirs and visitors consume."
( তথ্যৰ উৎস : " সম্প্ৰীতি প্ৰৱাহ ", সম্পাদক : ভীমকান্ত কোঁৱৰ, অসম সত্ৰ মহাসভাৰ চতুৰ্থ সেতুবন্ধ সমাৰোহৰ প্ৰবন্ধ সংকলন, 2008, পৃ: 84--90 )।
এখন বিখ্যাত বুৰঞ্জীতে পঢ়িবলৈ পোৱা যায় যে মধ্যযুগত এফালে যেনেকৈ হিন্দু-মুছলমানৰ সংঘাত হৈছিল, কিন্তু আনহাতে দুয়োটা সম্প্ৰদায়ৰ মাজত ধৰ্ম-সাংস্কৃতিক বিনিময়ো হৈছিল । তাৰে ফলশ্ৰুতিতে উভয় সম্প্ৰদায়ৰ লোকে সত্যপীৰৰ উমৈহতীয়াভাৱে সেৱা-উপাসনা কৰিবলৈ লৈছিল । বুৰঞ্জীখনত লিখা
হৈছে----" But whenever two types of civilizations come into close contact with each other for centuries, both are bound to be influenced mutually. ... The wholesome spirit of mutual toleration found expression in the growing veneration of the Hindus for the Muslims saints, particularly of the mystic school, and a corresponding Muhammadan practice of venerating Hindu saints ; and it ultimately led to the common worship of Satyapir(The True Saint)."(" An Advanced History of India", by-- R.C.Mazumdar, H.C.Raychaudhuri & Kalikinkar Datta, 4th Edn., Reprint, 1982, P94).
ইতিহাসৰ মতে সত্যপীৰৰ প্ৰভাৱ বংগদেশতে অধিক আছিল । সত্যপীৰে হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ মাজত সমন্বয় গঢ়িবলৈ চেষ্টা কৰিছিল । সেয়ে উভয় সম্প্ৰদায়ৰ লোকে তেওঁক সমানে শ্ৰদ্ধা-ভক্তি কৰিছিল । কৃষ্ণহৰি দাসৰ দ্বাৰা বিৰচিত " সত্যনাৰায়ণ পাঁচালী"ত সত্যপীৰক এজন ব্ৰাহ্মণৰ পালিত সন্তান হিচাপে দেখুওৱা হৈছে । সেই পাঁচালীত থকা এটা কাহিনী মতে এবাৰ সত্যপীৰে বাটত এখন কোৰাণ পাই ঘৰলৈ লৈ অহাত ব্ৰাহ্মণ ধৰ্ম- পিতৃয়ে কোৰাণখন পুনৰ যথাস্থানত থৈ আহিবলৈ ক'লে । তেতিয়া সত্যপীৰে কৈছিল--" কোৰাণ-পুৰাণৰ মাজত ভেদ নাই, হিন্দু-মুছলমান আদি সাম্প্ৰদায়িক কথা অজ্ঞানতা মাথোন।" (উৎস : যোৰহাট জিলা ব্ৰাহ্মণ সমাজৰ মুখপত্ৰ " ৰুদ্ৰজ্যোতি", 2012)।
আনহাতে " অসমী প্ৰকাশন"(পানবজাৰ, গুৱাহাটী)ৰ দ্বাৰা প্ৰকাশিত " শ্ৰীশ্ৰীসত্যনাৰায়ণ পাঞ্চালী"ত আছে---
" অভেদ ৰহিম ৰাম সত্যপীৰ বোলে ।
এই সত্য দৃঢ় হৌক ভূবন মণ্ডলে ।।"(পৃ: 24)
উক্ত পাঁচালীতে সত্যপীৰে " নামাজ" পঢ়াৰ কথাও উল্লেখ আছে, কিয়নো তেওঁৰ মতে "বিষ্ণু বিছামিল্লা" একেজনেই । কালক্ৰমত এইজন সত্যপীৰেই হিন্দু সমাজৰ এজন প্ৰধান দেৱতালৈ ৰূপান্তৰ হয় আৰু তেওঁৰ নামতে ''সত্যনাৰায়ণ পূজা"ৰ প্ৰৱৰ্তন কৰা হয় ।বঙালী ভাষাৰ সত্যনাৰায়ণ পাঁচালীত আছে---
" যেই সত্যনাৰায়ণ সেই সত্যপীৰ ।
দুই কুলে লৈছে সেবা কৰিয়া জাহিৰ ।।"
অৱশ্যে মুছলমানসকলে সত্যনাৰায়ণৰ পৰিৱৰ্তে সত্যপীৰ হিচাপেহে পীৰজনাক শ্ৰদ্ধা-ভক্তি কৰে । উক্ত বঙালী ভাষাৰ পাঁচালীখনতে আছে-----
" সত্যপীৰ নামে পূজা কৰিবে যবনে ।
এৰূপে কৰিবে সেবা যাৰ যেই মনে ।।"
( বঙালী ভাষাৰ সত্যনাৰায়ণ পাঁচালীৰ এই দুটা উদ্ধৃতি "কোচবিহাৰেৰ ইতিহাস" নামৰ গ্ৰন্থখনৰ 69 পৃষ্ঠাৰ পৰা লোৱা হৈছে ।)
অৱশ্যে খাঁ চৌধুৰী আমানতউল্লা আহমদৰ দ্বাৰা সংকলিত " কোচবিহাৰেৰ ইতিহাস"(প্ৰথম খণ্ড)ৰ মতে সত্যপীৰে ইচলাম ধৰ্মৰ প্ৰচাৰৰ বাবে " জীৱন অতিবাহিত কৰিয়া গিয়াছেন । ...এবং সত্যপীৰৰ দ্বাৰা উত্তৰ বঙ্গেৰ বহুলোক ইচলাম ধৰ্ম্মে আকৃষ্ট হইয়াছিলেন।"
পণ্ডিতসকলৰ মতে 18 শতিকাতহে সত্যনাৰায়ণ পূজাই জনপ্ৰিয়তা লাভ কৰে । কলিকতা বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব বিভাগৰ এসময়ৰ অধ্যাপক ড° সুকুমাৰ সেনে লিখিছে--" The new-fangled deity Satya-Pir or Satyanarayan achieved high popularity in the eighteenth century, and we find the best writers of the century, Ghanaram Kaviratna, Rameswar Bhattacharya and Bharatchandra Ray writing short Satyanarayan-Pancali Poems."(History of Bengali Literature, 1960, P.159)). তাৰ উপৰি ঐতিহাসিক ড° ডি.ডি.কৌশাম্বীৰ মতেও 18 শতিকাতে ৰামেশ্বৰ ভট্টাচাৰ্যই বঙালী ভাষাত লিখা " সত্যপীৰেৰ কথা" পাঁচালীখনে হিন্দু সমাজত সত্যপীৰৰ জনপ্ৰিয়তা বঢ়াই তোলে । ড° ডি.ডি.কৌশাম্বীয়ে লিখিছে---"In Assam and Bengal(MEI.3.463, 3.512) , this took the form of joint pilgrimage for some deity or deified human as a saintly pir. The most remarkable of these was Satya Pir, for whose cult there seems to be no evidence before the beginning of the 18th century, though the saint's life was rapidly developed and popularized by such poems as the Satya Pirer Katha by Brahmin Rameswar Bhattacarya. The cult spread all over India in the guise of Satya-Narayan('The True Narayan'),.."(An Introduction to the Study of Indian History, 2nd Edn., 1975, P.389). অৱশ্যে সুমন্ত বেনাৰ্জীৰ মতে ভাৰতচন্দ্ৰ ৰায়ে লিখা সুদীৰ্ঘ সত্যনাৰায়ণ পাঁচালীখনেও সত্যপীৰৰ জনপ্ৰিয়তা বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় । সুমন্ত বেনাৰ্জীয়ে লিখিছে--" Bharatchandra Ray of Vidya-Sundar fame wrote a long poem on Satya Peer ---a very popular godhead who appeared to have emerged from the fusion of an old Hindu god, Satyanarayan, and a muslim Peer."('The Parlour and Streets : Elite and Popular Culture in Nineteenth Century Calcutta'). এই প্ৰসংগত ড° দেৱী চেটাৰ্জীয়ে লিখিছে--" It is probable that the idea of Satyapir, a relatively new god, is born out of the synthesis of the notions of the Hindu god Satyanarayan and the the Muslim Pirs."('Ideas And Movements Against Caste In India : Ancient To Modern Times', 1998, P.70).
যি নহওক, হিন্দুসকলে সত্যপীৰক সত্যনাৰায়ণলৈ ৰূপান্তৰ কৰাৰো এটা বিশেষ কাৰণ আছে । প্ৰথম অৱস্থাত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে একেলগে সত্যপীৰৰ উপাসনা কৰিছিল । এই সন্দৰ্ভত ড° কালিকাৰঞ্জন কানুনগুৱে ''Islam and its Impact on India'' গ্ৰন্থত লিখিছে---" হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰে মানুহ একেলগ হৈ বছৰটোৰ ভিতৰত সাধাৰণতে একোবাৰ ওলাই যায় । তেওঁলোকে প্ৰতিঘৰ গৃহস্থৰ পৰা চাউল, টকা-পইচা ভিক্ষা কৰি সংগ্ৰহ কৰে আৰু এটা নিৰ্দিষ্ট দিনত কোনো ৰাজহুৱা স্থানত সকলোটি সমবেত হয় । 'সিৰণী' নামৰ মিঠাই আৰু ফল অৰ্পণ কৰি সকলোৱে ভাগ বটাই খায় আৰু সেই ঠাইত গোটখোৱা বাটৰুৱাকো তাৰ ভাগ দিয়ে । মূলতে ই এটা অসাম্প্ৰদায়িক অনুষ্ঠান আছিল ।পিছলৈ এই উপাসনাত নিহিত হৈ থকা উদাৰ ভাৱনা লোপ পালে । মুছলমানসকলে মছজিদত ভিতৰতে আৱদ্ধ ৰাখি সত্যপীৰৰ নামত উপাসনা কৰিবলৈ ল'লে । হিন্দুসকলে প্ৰথমতে যদিও পীৰৰ নামতে পূজা-পাতল কৰিবলৈ লৈছিল, পিছত পীৰ শব্দটো 'নাৰায়ণ' বুলি সলনি কৰি পূজাভাগৰ নাম সত্যনাৰায়ণ পূজা কৰা হ'ল । পিছৰ যুগৰ পুৰাণসমূহত সত্যনাৰায়ণ স্থানীয় দেৱতাৰূপে স্বীকাৰ কৰা হ'ল । অদ্যাৱধি হিন্দু মানুহে চিটাগঙৰ পৰা লক্ষ্ণৌলৈকে, মাদ্ৰাজৰ পৰা মহীশূৰলৈকে বিষ্ণুমূৰ্তিৰ আৰ্হিত সত্যনাৰায়ণৰ মূৰ্তিত পূজা-উপাসনা কৰা দেখিবলৈ পোৱা যায় ।"(অনুবাদ : কেশদা মহন্ত)।
ড° হংসনাৰায়ণ ভট্টাচাৰ্যৰ " হিন্দুদেৰ দেবদেবী : উদ্ভৱ আৰু ক্ৰমবিকাশ" গ্ৰন্থখন(পৃ:349)তো ড° কালিকাৰঞ্জন কানুনগুৰ এই উক্তিটো দাঙি ধৰা হৈছে । ড° ভট্টাচাৰ্যই দাঙি ধৰা মতে সেই মূল উক্তিটো হৈছে এনেধৰণৰ --" It appears that the common people of both the communities used to go out in company generally once a year and beg small contributions of rice and money from every household. On an appointed day assembled at a public place, prepared Sirni, and offerings of fruit, sang songs in praise of Satyapir, and shared among themselves and with strangers, if any, would join them. Originally it was a non-communal affair. Later on, the noble idea behind this common worship was lost, when the Muslims in their own congregation òffered worship in the name of Pir in their own mosques, and the Hindus though begging in the name of the Pir, performed a Brahmanical Puja in which Pir became translated into Satyanarayan. Satyanarayan has been given a domicile in the later Puranas and is even to-day worshipped by the Hindus, from Chittangong to Lucknow, if not further west, and from Madras to Mysore, where are to be found idols of Satyanarayan modelled on Vishnu images. " (Dr. Kalika Ranjan Kanungo in " Islam and its Impact on India ", page-32-33) সেয়ে ড° হংসনাৰায়ণ ভট্টাচাৰ্যই লিখিছে--" সত্যনাৰায়ণ হিন্দু ও মুছলমান সংস্কৃতিৰ সংমিশ্ৰণেৰ ফল । ...হিন্দু ও মুসলিম সংস্কৃতিৰ সমন্বয়েৰ একটি শুভ প্ৰচেষ্টা দেখা যায় সত্যনাৰায়ণ পূজায়।"(উল্লিখিত গ্ৰন্থ)।
যি কি নহওক, ওপৰত দাঙি ধৰা তথ্যসমূহ সত্য গ্ৰহণ কৰি ল'লে আমি এনেদৰে ক'ব পাৰোঁ যে শেখ জালালুদ্দিন টব্ৰিজীয়েই প্ৰথমে হকপীৰ, তাৰ পিছত সত্যপীৰ আৰু কালক্ৰমত সত্যনাৰায়ণলৈ ৰূপান্তৰ হয় । এই সত্যনাৰায়ণেই হৈছে বৰ্তমান হিন্দু সমাজৰ বাবে ভগৱান বিষ্ণু অৰ্থাৎ নাৰায়ণৰ সত্য অৱতাৰ, সেয়ে 'সত্য-নাৰায়ণ'('True-Narayan') । এইদৰেই শেখ জালালুদ্দিন টব্ৰিজ অৰ্থাৎ সত্যপীৰৰ পূজা সত্যনাৰায়ণৰ ছদ্মবেশত ব্ৰাহ্মণ্য ধৰ্মৰ অন্তৰ্গত বিষয় হৈ পৰিল । ড° ডি.ডি.কৌশাম্বীয়ে লিখিছে--" সত্যনাৰায়ণৰ ছদ্মবেশত লাহে লাহে সমগ্ৰ ভাৰতবৰ্ষতে সত্যপীৰৰ পূজা চলিবলৈ ধৰিলে । এইটো পূজা শাস্ত্ৰসন্মত নহয় । ইয়াত ব্ৰাহ্মণ পুৰোহিত অথবা নিৰ্দিষ্ট তাৰিখৰ কোনো আৱশ্যক নাই । তথাপি ই জনপ্ৰিয় আৰু লোকতান্ত্ৰিক হিন্দু পূজাত পৰিণত হৈ গ'ল ।"(' ভাৰতৰ ইতিহাস', অনুবাদ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)। আনহাতে ড° অমল ৰাজখোৱা (অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক)-অৰ ভাষাৰে---" সত্যনাৰায়ণ ব্ৰত-পূজাৰ সৈতে ইছলামীয় ধৰ্ম-সংস্কৃতিৰো সমন্বয় ঘটিছে । প্ৰকৃততে ক'বলৈ গ'লে, হিন্দুৰ নাৰায়ণ পূজাৰ লগত মুছলমান ফকীৰ সত্যপীৰ চাহাবৰ কাহিনী জড়িত । ...কথিত আছে যে, মানৱ কল্যাণৰ বাবে সত্যপীৰ বাবা সত্যনাৰায়ণ ৰূপে আবিৰ্ভাৱ হৈছিল । ...সময়ত হিন্দুৰ 'নাৰায়ণ'ৰ সৈতে সত্যপীৰ বাবা একত্ৰ কৰি হিন্দু-মুছলমানৰ ধৰ্ম-সংস্কৃতিৰ ঐক্য সাধনৰ পথ মুকলি কৰিলে ।"(দ্ৰষ্টব্য : যোৰহাট জিলা ব্ৰাহ্মণ সমাজৰ মুখপত্ৰ "ৰুদ্ৰজ্যোতি'', 2012)।
ব্ৰাহ্মণ্য ধৰ্মৰ ক্ষেত্ৰত এটা বৈশিষ্ট্য দেখা যায় যে যি পূজা-পাতল বা আচাৰ-নীতিয়েই নহওক লাগে, তাৰ উল্লেখ কোনো সংস্কৃত ভাষাৰ শাস্ত্ৰত উল্লেখ থাকিব লাগিব । কিন্তু সত্যনাৰায়ণ পূজাৰ উল্লেখ সংস্কৃত ভাষাৰ কোনো প্ৰাচীন শাস্ত্ৰত নথকা কথাটোৱে এক সমস্যাৰ সৃষ্টি কৰিলে । সেই সমস্যাটো সমাধানৰ বাবেই সত্যনাৰায়ণৰ এটা কাহিনী সৃষ্টি কৰি স্কন্ধপুৰাণৰ ৰেৱাখণ্ড আৰু ভৱিষ্য পুৰাণৰ প্ৰতিসৰ্গ পৰ্বত প্ৰক্ষেপ কৰি দিয়া হয় । সংস্কৃতজ্ঞ পণ্ডিত পঞ্চানন তৰ্কৰত্নৰ দ্বাৰা সম্পাদিত "স্কন্দ-পুৰাণম্"(পঞ্চম খণ্ড)ৰ 'ৰেবাখণ্ড'ৰ টোকাত এনেদৰে লিখিছে--" বোম্বাই-মুদ্ৰিত পুস্তকে সত্যনাৰায়ণব্ৰত-কথা নাই, বঙ্গদেশেৰ পুস্তকে আছে । আমৰা বঙ্গদেশীয় আদৰ্শানুসাৰে এই স্থানে সেই চাৰিটী অধ্যায় সংযোজিত কৰিলাম।"(পৃ:3660)
সেয়ে শৰত চন্দ্ৰ ঘোষালৰ দ্বাৰা অনূদিত তথা হিতেন নাগৰ দ্বাৰা সম্পাদিত " A History of Cooch Behar" নামৰ বুৰঞ্জীখনত এনেদৰে পঢ়িবলৈ পোৱা যায়---" Interpolation regarding worship of Satyanarayan in the Bhabisya Purana and the Bengal text of Skanda Purana(Reva-Khanda) and his temple at Benares are modern." তাৰ উপৰি ড° হংসনাৰায়ণ ভট্টাচাৰ্যই লিখিছে--" পণ্ডিতৰা অনুমান কৰেন যে ৰেবাখণ্ডে বৰ্ণিত সত্যনাৰায়ণেৰ মাহাত্ম্য অৰ্বাচীন কালে ৰচিত।"(উপৰি উক্ত গ্ৰন্থ)। ড° সুকুমাৰ সেনৰ মতে এই কাম বঙ্গদেশতে কৰা হয় আৰু সেয়েহে স্কন্দ পুৰাণৰ বোম্বাই সংস্কৰণত সত্যনাৰায়ণৰ পূজাবিধিৰ কথাৰ উল্লেখ নাই। এই প্ৰসংগত কেশদা মহন্তই লিখিছে--" কেৱল বঙ্গত প্ৰচলিত 'স্কন্ধপুৰাণ'ৰ পাঠতহে সত্যনাৰায়ণ সম্পৰ্কীয় কথাখিনি আছে । ...এয়া যে পিছত লিখি হস্তলিপিত সুমুৱাই থোৱা, সেয়া সুস্পষ্ট কথা ।...বহু পিছৰ কালত হ'লেও 'স্কন্দপুৰাণ' আৰু 'ভৱিষ্যপুৰাণ'ত সত্যনাৰায়ণ-ব্ৰত মাহাত্ম্য বৰ্ণিত হৈছে । সেই সূত্ৰতে মুছলমান যুগত সত্যপীৰৰ লগত অতি সহজেই ভাৰতৰ জনমানসে সত্যনাৰায়ণৰ সম্পৰ্ক স্থাপন কৰি তাক সম্পূৰ্ণ ব্ৰাহ্মণ্যধৰ্মীয় ৰূপত প্ৰতিষ্ঠা কৰি ল'লে।"(''ভাৰতীয় সাংস্কৃতিক ঐতিহ্যধাৰাৰ 'তোলোঁ কোন ঘাটে পানী' ")। সেয়েহে এতিয়া সত্যনাৰায়ণ পূজাৰ ৰূপত সত্যপীৰৰ পূজা ব্ৰাহ্মণ্য ধৰ্মৰ অতি গুৰুত্বপূৰ্ণ পূজালৈ পৰিণত হয় ।
কোনো কোনোৱে বিশ্বাস কৰে যে " কাঁশী ক্ষেত্ৰত এজন দৰিদ্ৰ ব্ৰাহ্মণৰ তাড়নাত সৃষ্টি হৈছিল সত্যনাৰায়ণ পূজা।" বাস্তৱতে কাশীধামৰ সেই দৰিদ্ৰ ব্ৰাহ্মণজনক যিজন বৃদ্ধ ব্ৰাহ্মণে যথানিয়মে ব্ৰত পালন কৰি সত্যনাৰায়ণৰ পূজা কৰিবলৈ উপদেশ দিছিল, সেই বৃদ্ধ ব্ৰাহ্মণজন আন কোনো নহয়, তেৱেঁই বৃদ্ধ ব্ৰাহ্মণৰ ছদ্মবেশত সত্যপীৰ । ড° সুকুমাৰ সেনে " বাঙ্গালা সাহিত্যেৰ ইতিহাস"ত লিখিছে--" স্কন্দপুৰাণেৰ ৰেবাখণ্ডে যে (সত্যনাৰায়ণৰ) কাহিনী আছে, তাহাতে ফকিৰেৰ(অৰ্থাৎ সত্যপীৰৰ) স্থান লইয়াছে বৃদ্ধ ব্ৰাহ্মণ ।" স্কন্ধপুৰাণত সেই বৃদ্ধ ব্ৰাহ্মণজনক ভগৱান বিষ্ণুৰ ছদ্মবেশ হিচাপে দেখুওৱা হৈছে, অৰ্থাৎ শেখ জালালুদ্দিন টব্ৰিজী ওৰফে সত্যপীৰেই স্কন্দপুৰাণত বিষ্ণুলৈ ৰূপান্তৰ হ'ল আৰু সেই বিষ্ণুৰূপী সত্যপীৰৰ উপদেশ মতেই ভিক্ষা কৰি ঘৰ-সংসাৰ চলোৱা কাশীধামৰ দৰিদ্ৰ ব্ৰাহ্মণজনে সত্যনাৰায়ণ পূজাৰ আয়োজন কৰি দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰিছিল । আনহাতে ৰজনীকান্ত দেৱ ভাগৱতী(বেলচৰ, কামৰূপ) দ্বাৰা 1927 চনতে প্ৰকাশিত " শ্ৰীশ্ৰীমৎ সত্যনাৰায়ণ দেবেৰ পূজা-পদ্ধতি ও পাঁচালী"ৰ " জাননী"তে সত্যনাৰায়ণ দেৱতাৰ পৰিচয় দি এনেদৰে লিখা হৈছে--" যি দেবতাই কলিৰ মানুহৰ দুৰ্গতি নাশৰ কৰণে মায়া কৰি আহি হিন্দুসমাজত 'সত্যনাৰায়ণ' আৰু মুছলমান সমাজত 'সত্যপীৰ'নামে পৰিচয় দি, দৰিদ্ৰ বামুণৰ দ্বাৰাই তেওঁৰ সেৱা পূজাৰ প্ৰচাৰ কৰাই অশেষ মাহাত্ম্য দেখুৱাইছিল ;"
পুৰাণত সত্যনাৰায়ণ পূজাৰ মাহাত্ম্য প্ৰকাশৰ কাৰণে অন্য এটা কাহিনীও সংযোজন কৰা হ'ল । সেই কাহিনীৰ মতে বংশধ্বজ নামৰ এজন ৰজাই সত্যনাৰায়ণ পূজাক অৱহেলা কৰাৰ বাবে তেওঁ ধন-সম্পত্তি সকলো হেৰুৱাই দৰিদ্ৰ হৈ পৰিছিল । পিছত সত্যনাৰায়ণ ব্ৰত পালন কৰি পূজা অনুষ্ঠিত কৰাতহে তেওঁ সমস্ত ধন-সোণ-সম্পত্তি ঘূৰাই পাইছিল ।মুঠতে সত্যনাৰায়ণ পূজা কৰিলে " অন্ধই চকু পাই, নিৰ্ধনী ধনী হয় আৰু পুত্ৰহীনাই পুত্ৰ লাভ কৰে"--- এনে বহু কথাই প্ৰচাৰ কৰা হ'ল । সংস্কৃত ভাষাৰ শাস্ত্ৰত সুমুৱাই দিয়া এনেবিলাক কাহিনীয়েই হিন্দুৰ জনমানসত সত্যনাৰায়ণ পূজাৰ প্ৰতি শ্ৰদ্ধা-ভক্তি-বিশ্বাস বৃদ্ধি কৰে আৰু তাৰ ফলশ্ৰুতিতে এই পূজাভাগৰ জনপ্ৰিয়তা বাঢ়ি যায় । অৱশ্যে সত্যনাৰায়ণ পূজাৰ প্ৰচলন বাঢ়ি যোৱাৰ লগে লগে এই পূজাৰ অন্তৰালত নিহিত থকা হিন্দু-মুছলমানৰ সমন্বয়ৰ মহান বাৰ্তাৰ কথা তল পৰি আহিবলৈ ধৰিলে । সেয়েহে এতিয়া সত্যনাৰায়ণ পূজা ইচলামৰ অৱদান বুলি ক'লে বহুতে বেয়া পায় ।
সেয়ে হ'লেও, বিভিন্ন প্ৰান্তীয় ভাষাত লিখা সত্যনাৰায়ণৰ পাঁচালীসমূহে সত্যপীৰ আৰু সত্যনাৰায়ণৰ অভিন্নতাৰ কথা অৰ্থাৎ হিন্দু-মুছলমানৰ সমন্বয়ৰ কথা এতিয়াত সোঁৱৰাই থাকে ---" যেই সত্যনাৰায়ণ সেই সত্যপীৰ ।" কবি কুমুদানন্দ বিৰচিত " শ্ৰীশ্ৰীসত্যনাৰায়ণ পাঞ্চালী"ত কোৱা হৈছে---
" সত্যকালে জন্ম মোৰ নাম সত্যপীৰ ।
কলিকালে জন্মিয়া হইলু জাহিৰ ।।
হিন্দুৰ দেবতা আমি মোমিনেৰ পীৰ ।
যে যাহা কামনা কৰে তাহাৰ হাসিল ।।"
এইজন সত্যপীৰে কোৰাণ লিখিবলৈ কোৱাৰ কথাও উক্ত পাঞ্চালীতে এনেদৰে পোৱা যায়---
" পীৰ ৰূপ ধৰি বোলে কোৰাণ লিখা
সমস্ততে সত্যৰূপে প্ৰভু অৱতীৰ্ণ "
মুঠতে হিন্দু আৰু ইচলাম ধৰ্মৰ সংমিশ্ৰণৰ ফলতে যে এই সত্যনাৰায়ণ দেৱতাৰ উদ্ভৱ হৈছে,--- এতিয়া এই কথা অস্বীকাৰ কৰাৰ কোনো উপায় নাই । সেয়ে কলিকতা বিশ্ববিদ্যালয়ৰ এসময়ৰ অধ্যাপক ড° অতুল কুমাৰ সুৰে লিখিছে---" ...many other deities appeared in Hindu pantheon under the impact of the Islam. Prominent among them were Satyapir, Gajisaheb, Bonbibi etc. Among them the cult of Satyapir found massive recognition in Hindu society. In the literature of the cult of Satyapir is stated that Satyapir and Narayana are one and the same. It is for this reason that Satyapir is today known as Satyanarayan in the pantheon of Hindu society. "('Ethnicity of Hindu Culture'). একে প্ৰসংগতে Wendy Doniger-এ লিখিছে--" Satya Pir, for instance, is a Muslim holy man(pir) who had come, by the eighteenth century, to be identified with a form of the Hindu god Vishnu (Satya Narayan)".( The Hindus : an alternative history, 2009, 45).
সত্যনাৰায়ণ পূজাৰ এটা বিশেষ বৈশিষ্ট্য হৈছে এই যে এই পূজাত মিঠা দ্ৰব্যৰ কেঁচা ভোগ দিয়া হয়, যাক 'ঘোল' বুলি কোৱা হয়। হিন্দুৰ অন্য কোনো দেৱ-দেৱীক এনে ঘোল দিয়া নহয় । পণ্ডিতসকলৰ মতে সত্যনাৰায়ণ পূজাত ভোগ(ঘোল) হিচাপে আগবঢ়োৱা এই প্ৰথাও মূলতে ইচলাম ধৰ্মৰ প্ৰভাৱতে প্ৰৱৰ্তন কৰা হয় । সত্যপীৰৰ পূজাত ইচলামীয় ৰীতিমতে 'চিৰিণি' দিয়াৰ প্ৰথা প্ৰচলিত আছিল । সেই 'চিৰিণি' কল, আটা বা চাউলৰ গুৰি, চেনি বা গুৰ, গাখীৰ, দৈ, ঘিউ আদি দ্ৰব্যৰে প্ৰস্তুত কৰা হৈছিল আৰু নামাজৰ অন্তত সেই 'চিৰিণি' বিলাই দিয়া হৈছিল । 'অসমী প্ৰকাশন'(পানবজাৰ)ৰ দ্বাৰা প্ৰকাশিত " শ্ৰীশ্ৰীসত্যনাৰায়ণ পাঞ্চালী"তে পোৱা যায়--
" পীৰে বোলে নামাজৰ অন্তত নিয়মে ।
সত্যপীৰ চিন্নি দিয়া বিলাওক যতনে ।।"(পৃ:28)
সেই প্ৰথা সত্যনাৰায়ণ পূজাতো থাকি গ'ল আৰু সেয়ে চিৰিণিৰ আৰ্হিৰেই সত্যনাৰায়ণ পূজাত 'ঘোল' দিয়াৰ প্ৰথা আছে । মনকৰিবলগীয়া কথা হৈছে, যিখিনি দ্ৰব্যৰে সত্যপীৰৰ চিৰিণি প্ৰস্তুত কৰা হৈছিল, সেই একেখিনি দ্ৰব্যৰেই সত্যনাৰায়ণ পূজাৰ 'ঘোল' প্ৰস্তুত কৰা হয় ।
সত্যনাৰায়ণ-ব্ৰতৰ উৎসৰ সন্দৰ্ভত আৰু এটা মত আছে । সেই অনুসৰি এই সত্যনাৰায়ণ-ব্ৰত তথা পূজাৰ পৰম্পৰা চুতীয়া ৰাজ্যতহে প্ৰথম আৰম্ভ হৈছিল । পণ্ডিত ৰাজমোহন নাথে " The Background of the Assamese Culture"-অত এনেদৰে লিখি গৈছে--" সন্ত ব্ৰাহ্মণসকলে বিচক্ষণ সত্যনাৰায়ণ( চুতীয়া ৰজা)ৰ লগত হাত মিলালে, আৰু সৰ্বসাধাৰণলোকৰ বাবেও নাৰায়ণ তথা বাসুদেৱৰ পূজাৰ ব্যৱস্থা কৰিলে । উক্ত ব্যৱস্থাটোত এই পাৰ্থিৱ জগতখনত মানুহৰ কল্যাণৰ অৰ্থে কোনো ব্ৰাহ্মণৰ সহায় নোলোৱাকৈ বা কোনো শাস্ত্ৰীয় কঠোৰ বিধি বিধান অৱলম্বন নকৰাকৈও কেৱল ভগৱানৰ অসীম মহিমাৰ গুণ-গান কৰিয়েই সাধাৰণভাৱে সমাধা কৰিব পাৰিছিল । ইয়াকেই সত্যনাৰায়ণ ব্ৰত বুলি কোৱা হৈছিল । গুৱাহাটীৰ এজন সদাগৰে লোহিত নদীৰে বাণিজ্যিক নাৱেৰে গৈ থাকোতে হাবুং দেশৰ এজন অতি সাধাৰণ মানুহে নদী পাৰৰ বালিত অসীম মহিমাসম্পন্ন শ্ৰেষ্ঠ দেৱতাজনৰ পূজাকৰ্ম সভক্তিৰে সমাধা কৰা দেখি আচৰিত মানিছিল । বাসুদেৱ পূজাৰ এনে সাধাৰণ পদ্ধতিটো বঙ্গদেশলৈও বিয়পী পৰিছিল ।আৰু ইয়াৰ এশ বছৰমানৰ পাছত হুছেইনশ্বাহে উক্ত সহজ পূজা পদ্ধতিত হিন্দু-মুছলমানৰ মাজত সমন্বয়াত্মক এক সূত্ৰ বিচাৰি পাইছিল ।সেইৰূপে মুছলমানসকলৰ টোচ্ছা চিন্নি(Tosha Sinni)ৰ সমাৰ্থক বা সমান্তৰাল মৰ্যাদা দি ইয়াৰ নাম দিছিল সত্যনাৰায়ণ চিন্নি (Satya Narayana Sinni)।"('অসমীয়া সংস্কৃতিৰ পটভূমি'--লেখক : ৰাজমোহন নাথ, অনুবাদক : ভৱকান্ত নাথ, দ্বিতীয় প্ৰকাশ, 2009, পৃ:101)। আনহাতে ড° অজিত কুমাৰ বৰাই " চুতীয়া জাতি" নামৰ গৱেষণামূলক গ্ৰন্থখনত-" চুতীয়াসকলৰ মাজত সত্য নাৰায়ণ পূজা পূৰ্ব্বৰ পৰা প্ৰচলিত হৈ আহিছে।"(2013, পৃ:187) বুলি লিখাটোও মনকৰিবলগীয়া কথা ।
অৱশ্যে এই কাহিনীটো আমি অন্য পণ্ডিতৰ গ্ৰন্থত পঢ়া মনত নপৰে।
যি কি নহওক, এতিয়া হিন্দুৰ অন্য দেৱ-দেৱীৰ উপাসনাৰ তুলনাত শ্বেখ জালালুদ্দিন ওৰফে হকপীৰ ওৰফে সত্যপীৰ ওৰফে সত্যনাৰায়ণৰ পূজা ব্ৰাহ্মণ-অব্ৰাহ্মণ নিৰ্বিশেষে হিন্দু সমাজৰ সকলো স্তৰৰ লোকৰ মাজত ব্যাপকভাৱে প্ৰচলন হোৱা দেখা গৈছে, যিহেতু এই পূজা কৰিলে যাৰ যি মনোবাঞ্ছা সেয়া সহজে পূৰণ হয় বুলি মানুহৰ অগাধ বিশ্বাস । আদিতে এই পূজাত পুৰোহিতৰ প্ৰয়োজন নাছিল যদিও এতিয়া পুৰোহিতৰো প্ৰয়োজন হৈ পৰিল । বহু লোকে এতিয়া এইভাগ পূজাকো 'বেদ-কৰ্ম' বা 'বেদবিহিত কৰ্ম' বুলিয়েই জ্ঞান কৰে( অৱশ্যে বেদত কোনো পূজাৰে উল্লেখ নাই।)। এইদৰেই সত্যপীৰে হিন্দুধৰ্মৰ ভিতৰত এজন দেৱতালৈ পৰিণত হোৱাই নহয়, হিন্দুৰ নাৰায়ণ অৰ্থাৎ বিষ্ণুৰ শাৰীতে স্থান দখল কৰিলে ।
সত্যনাৰায়ণ পূজাৰ লগত এনেবিলাক কথা জড়িত হৈ থকাৰ বাবেই ড° ধ্ৰুৱজ্যোতি বৰাই 'আমাৰ অসম' প্ৰকাশিত 'সত্যনাৰায়ণ' শীৰ্ষক এটা লেখাত এনেদৰে প্ৰশ্ন কৰিছিল---" এই 'শ্বেতবৰ্ণ চতুৰ্ভুজ সত্যনাৰায়ণ'ৰ পূজা-- এই সমগ্ৰ বিষয়টোৱেই ইন্টাৰেষ্টিং । ক'ৰ পৰা আহিল এই সত্যনাৰায়ণ । অকল নাৰায়ণ নহয়, সত্যনাৰায়ণ কিয়? আৰু নীলবৰ্ণ নাৰায়ণৰ ঠাইত শ্বেতবৰ্ণ নাৰায়ণ কিয় ? কিয় চহৰীয়া মধ্যবিত্তৰ মাজত সত্যনাৰায়ণ পূজাৰ এই জনপ্ৰিয়তা ?"
যি নহওক, আজিকালি হিন্দু সমাজত 'নাৰায়ণ'(বিষ্ণু) পূজাতকৈ সত্যনাৰায়ণৰ পূজাৰ প্ৰচলন তুলনামূলকভাৱে অধিক বুলি ক'ব পাৰি । ওপৰত দাঙি ধৰা পৰ্যালোচনাৰ আধাৰত ক'ব পাৰি যে পাৰস্যমূলৰ এজন পীৰক নাৰায়ণৰ সমকক্ষত উচ্চাসন দি পূজা-অৰ্চণা প্ৰৱৰ্তন কৰা কথাটোৱে হিন্দু ধৰ্মৰ, বিশেষকৈ ব্ৰাহ্মণ্য ধৰ্মৰ, উদাৰতাকে প্ৰতিপন্ন কৰে । ব্ৰাহ্মণ্য ধৰ্মৰ বহু আচাৰ-নীতিৰ সন্দৰ্ভত সময়ে সময়ে আলোচনা-সমালোচনা হৈ থাকিলেও এই উদাৰতাৰ কথা স্বীকাৰ কৰিবই লাগিব।
মুঠতে হিন্দু ধৰ্ম, যাক সনাতন ধৰ্ম বুলিও কোৱা হয়, অতি বিচিত্ৰ আৰু সেই কাৰণেই ইয়াক উদাৰ ধৰ্ম বুলি সকলোৱে স্বীকাৰ কৰি লৈছে । সত্যনাৰায়ণ পূজা হৈছে তাৰে এটা মাত্ৰ উদাহৰণ।
পৃষ্ঠাঃ ৭
প্ৰৱন্ধঃ
বৃহত্তৰ অসমীয়া জাতি গঠনত
চাওলু্ং চুকাফাৰ অৱদান
ময়ূৰী ভট্টাচাৰ্য বৰুৱা
টীয়ক ৰজাবাৰী
"নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ"।
বৃহত্তৰ অসমীয়া জাতি গঠনত চুকাফাৰ অৱদানৰ বিষয়ে লিখিবলৈ লওঁতেই আহোম যুগৰ ছশ বছৰীয়া ৰাজত্বৰ কথা স্বাভাৱিকতেই মনোস্থিত হয়। বিভিন্ন খিলঞ্জীয়া জনসমষ্টিৰ সমাবেশ স্থলী অসম বিভিন্ন জাতি-উপজাতিৰ সংমিশ্ৰণেৰে গঠিত।
ভাৰতবৰ্ষ তথা অসমে স্বাধীনতা লাভ কৰা বহু বছৰৰ পিছতো অসমীয়া জাতিৰ অৱস্থা আজি নাজল-নাথল।সেই অৱস্থাৰ সন্ধিক্ষণতেই অসমীয়া জাতি গঠনৰ প্ৰণেতা চাওলু্ং চুকাফাৰ নাম আমাৰ মনলৈ আহে।
অসমীয়া জাতি গঠন কৰোঁতা তথা ছশ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথম স্ৰষ্টা চাওলু্ং চুকাফা ১২২৮ খৃ:ত সৌমাৰত প্ৰৱেশ কৰি নানা অঞ্চল জয় কৰাৰ পাছত মু্ংক্লাংচেখু অৰ্থাৎ অভয়পুৰত ৰাজধানী স্থাপন কৰিছিল।চুকাফা অসমলৈ অহাৰ পূৰ্বে এচিয়া মহাদেশৰ ভূ-খণ্ডত অসম বুলি কোনো দেশ বা ৰাজ্য নাছিল। সেই ভূ-খণ্ডৰ পূৰ্বৰ অংশক কামপীঠ বুলি কোৱা হৈছিল। ৰাজ্য হিচাপে ব্ৰহ্মপুত্ৰৰ উপত্যকাত চুতীয়া, কছাৰী,মৰাণ, বৰাহী, ভূঞা ৰাজ্য আদিবোৰ আছিল। এই ভূ-খণ্ডত বাস কৰা জনজাতীয় লোকসকলৰ প্ৰত্যেকৰে নিজা ভাষা ,সংস্কৃতি, ৰীতি-নীতিৰ ভেটিও খুব কটকটীয়া আছিল। তেনে সময়তে চুকাফাই এই বিশাল ভূ-খণ্ডত বিভিন্ন জনগোষ্ঠীৰ মাজত ঐক্যতাৰ চানেকি দাঙি ধৰি এক নতুন আদর্শৰ ভেঁটি প্ৰতিষ্ঠা কৰিছিল আৰু সেই আদৰ্শৰ পন বান্ধিয়েই তেওঁৰ বংশধৰ সকলে এই ভূ-খণ্ডত এখন অসম দেশ আৰু অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে ব্যৱহাৰ কৰিছিল।এখন নতুন ৰাজ্য প্ৰতিষ্ঠাৰ উদ্দেশ্যৰে এই ভূ-খণ্ডত প্ৰৱেশ কৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশিষ্ট ভূমিকা গ্ৰহণ কৰা চুকাফাই আছিল প্ৰথম তথা আদৰ্শবান ব্যক্তি।
কেৱল নতুন ৰাজ্য প্ৰতিষ্ঠা কৰাই নহয় চুকাফাই ৰাজনৈতিক ,অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰটো সকলোকে একত্ৰিত কৰি ঐক্যবদ্ধতাৰে জাতি গঠন প্ৰক্ৰিয়াত আগভাগ লৈছিল।এই ঐক্যবদ্ধ প্ৰচেষ্টাত সকলো জনগোষ্ঠীয়ে আগভাগ লৈ মাৰ বান্ধি থিয় হৈছিল যাৰ ফলত চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজ্যৰ ভেঁটিৰ পৰিধি বহল হৈ সাতৰাজক একৰাজ কৰা বৃহত্তৰ অসমীয়া জাতিয়ে প্ৰাণ পায় উঠে।
চুকাফাৰ নেতৃত্বত এই ভূ-খণ্ডলৈ অহা আহোম সকলৰ আছিল নিজা ধৰ্ম, সামাজিক ৰীতি -নীতি, ভাষা আৰু প্ৰতিটো দিশতে থলুৱা লোক সকলৰ পৰা এওঁলোক পৃথক আছিল। এনেদৰে পৃথকতাৰে ভৰা বিভিন্ন জনগোষ্ঠীৰ মাজত ঐক্য স্থাপনৰ প্ৰচেষ্টা লৈছিল টাই ৰাজকোঁৱৰ চুকাফাই।
ৰাজনৈতিক ভেঁটি স্থায়ী আৰু সুদৃঢ় হ'বৰ বাবে চুকাফাই ৰাজ্য প্ৰতিষ্ঠাৰ মাধ্যমৰে সমাজৰ ভেটিও অধিক কটকটীয়া কৰি লৈছিল। থলুৱা ধৰ্ম আৰু সাংস্কৃতিক আদৰণি জনোৱাৰ উপৰিও বৈবাহিক সম্বন্ধৰ যোগেদি থলুৱা লোক সকলৰ লগত আত্মীয়তা গঢ়ি উঠাত সহায় কৰি তাৰ পৰাই অসমীয়া জাতিয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
চুকাফাই প্ৰতিষ্ঠা কৰা অসমীয়া জাতিৰ অৱস্থা আজি তথৈবচ। বৰ্তমান অনৈক্যৰ মাজত ঐক্য হোৱাৰ পৰিবৰ্তে একতাৰ অভাৱ ,ভাতৃত্ববোধৰ অভাৱত মানুহৰ প্ৰতি মানুহৰ মৰমৰ শিকলিডাল হেৰাই যোৱা পৰিলক্ষিত হৈছে সময়ৰ কৰাল গ্ৰাসত। চাৰিওফালে হত্যা ,হিংসা, লুণ্ঠন, বিভীষিকাৰ মাজত সংকটপূৰ্ণ অৱস্থাত আজিৰ অসমীয়া জাতি। বৰ্তমান সময়ত স্ব-স্বাক্ষুকে দেখা পোৱা গোষ্ঠীগত সংঘৰ্ষই অসমীয়াৰ অস্তিত্বক কলুষিত কৰিছে।
সদৌ শেষত, অসমীয়া জাতিৰ পথ স্ৰষ্টা এটা জাতিৰ সোণালী ভৱিষ্যতৰ বাটকটীয়া চাওলু্ং চুকাফাই সুসভ্য প্ৰশাসন প্ৰণালীৰ পদ্ধতি উন্নত সমাজ ব্যৱস্থা উন্নত সমৰ শক্তি বহন কৰি অসম দেশ তথা জাতিৰ আদৰ্শৰ এক পৰিসৌধ নিৰ্মাণ কৰি যি অতুলনীয় অৱদান আগবঢ়ালে সেই অৱদানক প্ৰত্যেক অসমীয়াই অন্তকৰণেৰে উপলব্ধি কৰাৰ সময় সমাগত।
বৰ্তমানৰ সংকটপূৰ্ণ সন্ধিক্ষণত চুকাফাৰ অক্লান্ত ত্যাগ অকুন্ঠ পৰিশ্ৰম অসমীয়া জাতিক দিলে। এই বাস্তৱ সত্যক স্বীকাৰ কৰি তেওঁৰ অৱদানৰাজিক সহৃদয়তাৰে হৃদয়ংগম কৰি তেখেতক শ্ৰদ্ধাৰে সোৱঁৰিছোঁ---
"অসম সুষমা সমাজত
তোমাৰ চিন্তাই পৰিধি পাওঁক
দিগন্ত বিয়পি মধুৰ হওঁক
অগ্নিগৰ্ভা অসম আজি
পুনৰ সেউজ হওঁক"।।।
পৃষ্ঠাঃ ৮
প্ৰৱন্ধঃ
পাখি লাহী সময়ৰ স’তে আমি
মঞ্জুমালা শৰ্মা ভট্টাচাৰ্য
জামুগুৰি
সময় গতিশীল ৷ গতিশীলতাই সময়ৰ প্ৰধান ধৰ্ম ৷ সময়ে আমাক লৈ যায় আগলৈ , ক্ৰমাৎ আগলৈ৷ পাৰ হৈ যোৱা সময়বোৰে ইতিহাসৰ বুকুত সেঁতু বান্ধি ভৱিষ্যতৰ সপোন ৰচে ৷ সময়ৰ বোকোচাত উঠি জীৱনে বাগৰ সলায় ৷ ৰং সলাই আৰু সলাই নিজস্ব ঠিকনাও ৷ সময়ক ধৰি ৰাখিবলৈ কত যে সুৰুঙা বিচাৰি ফুৰোঁ তথাপিও অক্লান্ত তেজস্বী ঘোঁৰাটোৰ দৰে সময়ে বাধা নামানে কাৰোৰে ওচৰত।
সময়ে আমাক কি নিশিকায় ?সময়ে আমাক পদে পদে শিকাই আহিছে জীৱনযাত্ৰাৰ অজস্ৰ কথা ৷ সময়ৰ হাততে বন্দী আমাৰ জীৱন, আশা-আকাংক্ষা আৰু অনাগত ভৱিষ্যৎ ৷ সময়ৰ অবাৰিত গতিৰ লগত খোজ মিলাই আগুৱাব নোৱাৰি যদি কোনোবাজন আদবাটতে থমকি ৰ'বলগীয়া হৈছে, তেন্তে সময়ে তেওঁক বহুদূৰ পিছুৱাই থৈ যায় ৷ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানৱজীৱনত বাঢ়িছে অজস্ৰ কৰ্মব্যস্ততা ৷ ইয়াৰ লগে লগে অধিক গুৰুত্ব লাভ কৰিছে সময়ে ৷ সম্প্ৰতি আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰ মুখত প্ৰকাশ পায় সময় নাই সময়ৰ অভাৱ ৷ সঁচাকৈয়ে আমাৰ সকলোৰে ইমান সময়ৰ অভাৱ ৷ আমি বাৰু একো - একোটা মানৱযন্ত্ৰলৈ ৰূপান্তৰিত হৈছো নেকি ? পুৱাৰে পৰা গধূলিলৈ আমি কৰা কামবোৰ সময়ত শেষ কৰিবলৈ যিমানেই ব্যস্ত হৈ পৰোঁ তেতিয়াই আমাৰ অনুভৱ হয় সময়বোৰ যেন কমি আহিছে৷ আমাৰ অকণো আহৰি নাই ৷ শিক্ষকৰ সময় নাই, ছাত্ৰ-ছাত্ৰীৰ সময় নাই, ডাক্তৰ,ইঞ্জিনিয়াৰ, উকীল ব্যৱসায়ী,গৃহিণী আদি সকলোৰে সময়ৰ অভাৱ ৷ ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান প্ৰতিযোগিতাৰ দৌৰত আগুৱাই যাবৰ বাবে পঢ়াত ব্যস্ত হৈ থাকিবলগীয়া হয় ৷ যাৰবাবে পঢ়াৰ বাহিৰে যেন ছাত্ৰ-ছাত্ৰীসকলৰ অন্য কথা চিন্তা কৰিবলৈ সময় নাই ৷ জীৱনত এটা ভাল কেৰিয়াৰ গঢ়িব নোৱাৰিলে জীৱনটো সুন্দৰভাৱে সজাব নোৱাৰি ৷ সেয়ে তেওঁলোকৰ লক্ষ্য উপযুক্ত শিক্ষাৰে শিক্ষিত হোৱাৰ ৷ চাকৰিয়ালসকলৰ কথাই নাই ৷অফিচত কামৰ হেঁচা বেছি ৷ ঘৰ-সংসাৰ, সমাজ জীৱনত তেওঁলোকে যেন বেছি সময় দিবলৈ অপাৰগ ৷ ঘৰৰ গৃহিনীগৰাকীয়ে ৰাতিপুৱা শুই উঠাৰ পৰা নিশালৈকে যিখিনি দায়িত্ব পালন কৰিবলগীয়া হয় ৷ তাৰ বাহিৰে হয়তো অন্য কথা চিন্তা কৰাৰ অৱকাশ নাপায়। এনেদৰে বিভিন্ন জনৰ দৃষ্টিভংগীৰে চোৱাৰ পাছত এটা কথা মনলৈ আহে আমি কিয় বাৰে বাৰে সময় নাই বুলি কওঁ ? সময়বোৰ বাৰু আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা নাই নেকি ? জীৱনত ব্যস্ততা কাৰ নাথাকে? ব্যস্ততাৰ মাজতো সময়ৰ সুৰুঙা উলিয়াব জনা জনে হয়তো কেতিয়াও সময় নাই বুলি কব নোখোজে ৷ উদাহৰণ স্বৰূপে মহান মনিষী আৰু পণ্ডিতসকলে জানো সময়ৰ সদ্ ব্যৱহাৰ কৰি পৃথিৱীত দৃষ্টান্ত ৰাখি থৈ যোৱা নাই? আচলতে আমি সময়বোৰ অপৰিকল্পিতভাৱে পাৰ কৰি প্ৰয়োজনত সময়ৰ অভাৱ অনুভৱ কৰোঁ৷
কেতিয়াবা আকৌ সময়বোৰ প্ৰয়োজনতকৈ বেছি দীঘলীয়া আৰু অস্বস্তিকৰ হৈ পৰে ৷ যেতিয়া আমি কাৰোবাৰ বাবে অপেক্ষা কৰো আৰু যেতিয়া আমাৰ জীৱনত দুখ-যন্ত্ৰণা হয় তেতিয়া আমাৰ বাবে সময়বোৰ বিৰক্তিদায়ক হৈ পৰে ৷
সময়ৰ বিনিময়ত আমি কিবা পাইছোনে ?
সময়ৰ বুকুত বহু কিবাকিবি হেৰাই গ’লেও সময়ৰ বিনিময়ত আমি লাভ কৰিবলৈ সক্ষম হৈছো জীৱনত বহু সফলতা ৷ সময়ত কষ্ট কৰি পোৱা কামবোৰৰ সুফলে আমাক আনন্দ দিয়ে ৷ "দুখ কৰিল মুখ ভৰে" "যত্ন কৰিলে ৰত্ন পায়" এই প্ৰবচন বোৰে আমাক হয়তো তাকে সোঁৱৰাই আৰু তাৰ লগতে সোঁৱৰাই দিয়ে সময়ৰ মূল্য ৷
ছাত্ৰ-ছাত্ৰীয়ে সময় মতে কৰা কষ্ট, অধ্যৱসায়ৰ জৰিয়তে শিক্ষা আহৰণ কৰি উপযুক্ত হৈ কৰ্মসংস্থাপন লাভ কৰি জীৱন গঢ়িব পাৰে ৷ কৰ্মক্ষেত্ৰত এজন চাকৰিয়ালে সময় খৰচ কৰাৰ বিনিময়ত লাভ কৰে অৰ্থনৈতিক নিৰাপত্তা ৷ যাৰবাবে নিজৰ লগতে পৰিয়ালৰ মৌলিক প্ৰয়োজনখিনি পূৰাবলৈ সক্ষম হয়৷ শিক্ষা,গৱেষণা আৰু সৃষ্টিশীল কৰ্মত একাগ্ৰচিত্তে আত্মনিয়োগ কৰি সময় ব্যয় কৰি লাভ কৰে চৰম সফলতা ৷ তেওঁলোকৰ সৃজনীশীল চিন্তাধাৰাৰে নতুন তথ্য আৰু আৱিষ্কাৰে সমাজ তথা দেশৰ প্ৰগতিত বৰঙণি যোগায় ৷
অতীততে কৰি অহা বিভিন্ন কাম-কাজৰ পৰা আৰু অভিজ্ঞতাই আমাৰ বয়স বঢ়াৰ লগে লগে আমাক অভিজ্ঞ কৰি তোলে আৰু ভৱিষ্যতে বিজ্ঞজনৰ দৰে আমাক শিকনি দিয়ে ৷ তদুপৰি অতীত হৈ পৰা শৈশৱৰ সোণালী দিনবোৰ আৰু যৌৱনৰ প্ৰাচুৰ্যবোৰ হেৰুৱালেও তাৰ বিনিময়ত জানো আমি জীৱনৰ বিভিন্ন স্তৰৰ বহুৰঙী অভিজ্ঞতাবোৰ লাভ কৰা নাই ?
সময়ৰ বিনিময়ত আমি কিবা হেৰুৱাইছো নেকি ?
সঁচাকৈয়ে সময়ৰ বিনিময়ত আমি সময়কে হেৰুৱাইছো ৷ বৰ্তমান ব্যস্ততাপূৰ্ণ যান্ত্ৰিক পৃথিৱীখনত আমাৰ কৰ্মজীৱনত তাহানিৰ আজৰি সময়ত ৰং-ধেমালিৰে পাৰ কৰা সময়বোৰ হেৰুৱাই পেলাইছো ৷ যৌৱনত ভৰি দিয়াৰ পাছত শৈশৱৰ সুৰীয়া দিনবোৰ বাৰ্ধক্যত ভৰি দি যৌৱনৰ প্ৰাচুৰ্যময় মধুৰ ক্ষণবোৰ হেৰুৱাইছো ৷ লগতে হেৰুৱাইছো অতীতৰ সুখ-দুখ হৰ্ষ-বিষাদৰ প্ৰতিটো পল অনুপল ৷
সময়ৰ বুকুত বগুৱা বাই পাৰ হৈ যোৱা ক্ষণবোৰ দিন মাহ বছৰৰ ৰূপতে ইতিহাসৰ পাতত সাক্ষী হৈ ৰয় ৷ সময়ৰ গতিময়তাত হেৰাই যায় বহু কিবা কিবি ৷ হেৰাই যায় আমাৰ সহৃদয়তা আৰু আত্মিক সম্পৰ্কবোৰ ৷ আজিকালি মানুহৰ বাবে বন্ধু-বান্ধৱৰ লগত পৰিয়াল আৰু সম্পৰ্কীয় লোকৰ লগত আন্তৰিকতাৰে সুখ-দুখৰ সমভাগী হবলৈকো সময়ৰ অভাৱ ৷ সম্প্ৰতি দেশত ঘটি থকা জ্বলন্ত সমস্যাসমূহে জনগণক ভাৰাক্ৰান্ত কৰি তুলিছে ৷ প্ৰতিযোগিতামুখী চিন্তাধাৰাৰে আত্মকেন্দ্ৰিক মনোভাৱেৰে আজিৰ জনগণে মূল্যবান সময়খিনি প্ৰয়োজনীয় কাম -কাজত ব্যৱহাৰ কৰাৰ বাবে হয়তো ব্যক্তিকেন্দ্ৰিকতাই সমাজকেন্দ্ৰিকতাতকৈ অধিক গুৰুত্ব লাভ কৰিছে ৷ বস্তুবাদী আৰু ভোগবাদী চিন্তাধাৰা আৰু অত্যাধুনিকতাৰ প্ৰভাৱেও প্ৰাচীন মূল্যবোধত আঘাত সানিছে ৷ হাতত থকা এনড্ৰইড ম’বাইলটোৰে সমগ্ৰ পৃথিৱীখনক জেপত বন্দী কৰি ৰখাৰ দৰে আমাৰ সম্পৰ্কবোৰো সংকুচিত কৰি তুলিছে ৷
সময়ে সকলো সলনি কৰে ৷ সময়ে নতুনক আহ্বান জনোৱাৰ সমান্তৰালভাৱে পুৰণিক পৰিহাৰ কৰিছে ৷ পুৰণি ঐতিহ্য সংস্কৃতি ৰক্ষাৰ প্ৰতি ধ্যান দিবলৈকো যেন আমাৰ সময়ৰ অভাৱ ঘটিছে ৷ সময়ৰ পৰিবৰ্তনৰ ফলতে সময়ৰ বোকোচাত উঠি আমি আগুৱাই গৈ আছো আৰু পাছলৈ এৰি থৈ গৈছো বহু যুগৰ সাক্ষী হৈ পৰি ৰোৱা ইতিহাস সমৃদ্ধ এটা দীঘলীয়া অতীত ৷ কবি হৰি বৰকাকতী দেৱে সোণপাহী মোৰ কবিতাটিত কৈছে-- "সোনপাহী মোৰ
আঙুলিৰ ফাঁকে ফাঁকে সৰি পৰি যক
বেদনাৰ স্মৃতিভৰা শেঁতা দিনবোৰ
জকাৰ হাড়েৰে যাৰ সমাধিৰ দূবৰিত
অশ্বক্লান্ত ৰচি যায় "
বেদনাগধূৰ সময়বোৰ আমি স্মৰণ কৰিব নিবিচাৰো ৷ সুখ আৰু আনন্দভৰা স্মৃতিবোৰ সুঁৱৰি আমি আনন্দ লাভ কৰোঁ ৷কত শত গাথা আৰু কাহিনীয়ে ইতিহাস ৰচিছে সময়ৰ বুকুত ৷ কিমান হা-হুতাশ অশ্ৰু -বিষাদ সফলতা -বিফলতাৰ ছবি আঁকি সময়বোৰ কেনেদৰে দিন,বাৰ, মাহ,বছৰ লেখেৰে পাৰ হ’ল তাৰ হিচাপ ৰাখিব কোনে ?
সময়ৰ সংকেত ধৰি ৰখা ঘড়ীটোৱে দৈনিক প্ৰত্যাহ্বান জনায় ৷ অবিৰাম গতিত ঘূৰি থকা ঘড়ীৰ কাটাই কোনোদিনে স্তব্ধ নোহোৱাকৈ চলিয়েই আছে ৷ আমি মাথোঁ সময়ৰ একো-একোটা দাস ৷ সময়ে আমাক লৈ যায় অতীতৰ পৰা বৰ্তমানলৈ, বৰ্তমানৰ পৰা অনাগত ভৱিষ্যতলৈ ৷ আমাৰ ক্ষণস্থায়ী জীৱনত বহুত কিবা কিবি কৰাৰ আশা কল্পনাই ভাৱনাৰ জগতখনক আৱৰি ৰাখে ৷ কিন্তু পৰিকল্পনা যিমানেই নকৰোঁ কিয় ? সময়ত তাক সম্পূৰ্ণ কৰিব নোৱাৰো ৷ শেষত আকৌ একেই প্ৰসংগ সময় নাই ৷ সেয়ে হয়তো অবিৰত সময়ৰ গতিৰ লগত আগুৱাব নোৱাৰি আমি যেন সময়ক আহ্বান জনাওঁ,
"হে সময় ৰোৱা ৰোৱা
এপলক ৰৈ যোৱা
বহু কথা নহ’ল কোৱা
বহু সপোন হ’ল আধৰুৱা
ৰোৱা ৰোৱা ক্ষন্তেক সময় ৰৈ যোৱা ৷"
পৃষ্ঠাঃ ৯
ধাৰাবাহিক উপন্যাসঃ
ধুমুহাই ভঙা সপোন
দুৰ্গেশ্বৰ শইকীয়া
মাজুলী
(যোৱা সংখ্যাৰ পৰা)
ন
স্বপ্নাৰ এম এ প্ৰিভিয়াছৰ ফলাফল আশা কৰা মতেই ভাল হৈছিল । খবৰটো তাই ঘৰলৈও জনাইছিল । মোহনলৈও চিঠি লিখিছিল আৰু তাইৰ ভাল খবৰটো চিঠিৰে তালৈ লিখিছিল ।
আবেলি সময়ত পিয়নে আহি চিঠিখন মোহনক দি গৈছিল । চিনাকি আখৰকেইটাত মোহন আপ্লুত হৈ পৰিছিল । ৰত্নাৰ সাফল্যই তাইক আনন্দিত কৰিছিল । স্বপ্নাই লিখিছিল তাৰ প্ৰেৰণাৰ কথা । ভৱিষ্যতৰ পথত আগুৱাই যোৱাৰ কথাও লিখিছিল তাই । আকৌ সকিয়াই দিছিল তাক , তাৰ কথা নাভাৱিবলৈ পুনৰ নকবৰ বাবে ।
পঢ়ি কথাবোৰ আকৌ ভাৱিছিল সি । তাইৰ সাফল্যই আনন্দিত কৰিছিল তাইক । আপ্লুত হৈ তাইৰ আন এটা ভাৱেও তাৰ মনত তোল পাৰ লগাইছিল । তাইৰ সুন্দৰ ভৱিষ্যতটো তাৰ কাৰণে কষ্টকৰ হোৱাৰ আশংকাই তাক বিমৰ্ষ কৰি তুলিছিল । কি সাংঘাটিক ছোৱালী স্বপ্না । যিমানেই তাইৰ সোণালী ভৱিষ্যতৰ কথা সোৱৰাই দি তাৰ পৰা আঁতৰি যাবলৈ কাতৰ স্বৰে অনুৰোধ কৰে সিমানেই তাই আব্দাৰ ধৰে তাৰ বেছি কাষ চাপি আহিবলৈ । জেদী হৈ পৰে সংকীৰ্ণতাৰ প্ৰাচীৰ ভাঙিবলৈ।
তাই ভৱাৰ দৰে সি জানো সঁচাকৈয়ে হীনমন্যতাত ভুগিছে ? মোহনে ভাৱিলে সি কি কৰিব জেদী স্বপ্নাজনীক লৈ । নহ'লে এবাৰ নগেনক ক'ব নেকি তাইক সি ভৱাৰ দৰে কথাবোৰ বুজাবলৈ । চিন্তাৰ চানৈয়াত পাকঘূৰণি খাই থকা তাৰ কাণত পৰিলহি লাহে লাহে ওচৰ চাপি আহি থকা ভকতীয়া গীতৰ কলি এটা ।
"কচুতে কটাৰী ভাগিল ঐ নেৰায়ন
লোহাতো বিন্ধিলে ঘূণে ,
পতা শৰীৰতে ভোমোৰাই বিন্ধিলে
ঢোকা দি ৰাখিব কোনে ঐ নেৰায়ন
ঢোকা দি ৰাখিব কোনে ।"
কাষৰ ফালে আহি থকা গীতৰ কলিটোৱে তাৰ ভাৰাক্ৰান্ত মনটোক যেন ক্ষন্তেকৰ বাবে পাতল কৰি তুলিলে । কান্ধৰ মাৰি এডাল এফালে জালখন আৰু আনফালে মাছৰ মোনাটো ওলমাই আহি আহি ওচৰ পালেহি ভোগমন দাইটি । দাইটিয়ে আজি মাছ গোটাছেৰেক পালে চাগৈ । মুখত লাগি থকা হাঁহিটোৰ পৰাই মোহনে অনুমান কৰিলে
কি অ' মোহন অকলে অকলে কিনো ভাবি আছ ।তহঁত এই দাং বৰলা মখাৰনো কিনো বোলে লʼছালি এগালমানৰ জজ্ঞাল আছে । দাইটিয়ে সদায় ধেমালি কৰাৰ দৰে আজিও সুধিলে ।
এই দাইটি কিনো চিন্তা কৰিবা । এই ফালে এনেয়ে আহি দলঙতে বহি আছো । গৰুহালো আছে পথাৰত । সিহঁতকো বোলে এবাৰ মন কৰো । সি যেন তাৰ চিন্তাৰ ভাৱটো পাতলাবলৈ সুবিধা এটা পালে দাইটিৰ লগত কথা পাতিবলৈ পাই ।
মাছ পালেনে দাইটি ? সি সুধিলে ভোগমন দাইটিক ।
কান্ধত ওলোমাই অনা জাল আৰু মোনাৰ সৰু ভাৰখন নমাই ভোগমনে ক'লে " এই পালো দে দুটামান" ।
কেইটামান পামনেকি আজি ?
পৰম তৃপ্তিৰে বিড়িটো টানি টানি একেবাৰে আঙুলিত লাগো লাগো হলত টিপা মাৰি ধৰি সেই হোপাটো মাৰি ধৰিবলৈ উপায় নথকা কণ দলিমাৰি ভোগমনে মোনাটোৰ পৰা কান্ধুলি পোৱালি এটা তাৰ ফালে জলি মাৰি দি ক'লে "নে এইটোকে গধূলা পিটিকা কৰি খাবি " । মোহনেও ভালেই পালে । মাছ পুথি বিচাৰিবলৈ এইকেইদিন আহৰিকে পোৱা নাই ।
" অ' ৰ' তই । মই আকৌ মাছ কেইটা বেছিবগৈ লাগিব নহয় । " কৈয়েই খৰ খোজেৰে ভোগমন আগবাঢ়িল । এনেতে ৰাস্তাটোত একাষৰীয়াকৈ চাইকেলখন স্টেন দি মোহনৰ ওচৰতে ৰেলিংত ভেজা দি নগেন ৰ'লহি ।
কৰবালৈ যাবি নেকি নগেন ? মোহনে সুধিলে ।
নাই নাযাওঁ এনেয়ে ওলাই আহিলো । তোক বিচাৰিলো ঘৰত নাপাই ভাৱিলো ইয়াতে পাম গুচি আহিলো । নগেনে ক'লে ।
এ একো কাম নথকাত ইয়াত আহি ওলালোহি । আজি পিছে এতিয়ালৈকে কোনো এটাও ওলোৱাহি নাই ।''
" মইও এই কেইদিন কলেজৰ পৰা অহা অলপ দেৰি হৈছে । তহঁত কেইটাকো লগ পোৱা নাই । আমাৰ কামটোৰ সম্পৰ্কে কিছু কথা পাতিব লগা আছিল নহয় ।'' কৈ কৈ নগেনে জেপৰ পৰা টেমাটো উলিয়াই চাদা মাৰিবলৈ লাগিল ।
মোহনে তপৰাই কʼলে "তই চিন্তা কৰিব নালাগে । বুদাই , হৰেন, গিৰিধৰ হঁত আৰু মই বাঁহ কিছু গাঁৱৰ পৰা সংগ্ৰহ কৰিলোৱেই । খেৰো চাৰিশ মান পালো বুইছ । ৰত্নেশ্বৰ কাইটিয়ে এশ , ভীম পেহাই এশ দিব । জীপেনে আৰু ৰজায়েও এশ এশ কৈ দিম বুলিছে । কাটি থোৱা খেৰ ।''
"অ' কাম দেখোন আধা আধি চমু চাপিলেই ।" চাদা এটিপা ওঁঠত ভৰাই এটিপা মোহনলৈ দি সন্তুষ্টিৰ ভাৱত কʼলে নগেনে ।
" অহা সপ্তাহত কাম আৰম্ভ কৰিবই লাগিব বুজিছ । ইহঁত আটাই কেইটাকে মই সন্ধিয়া লগ কৰিম । কালিলৈ আবেলি মাষ্টৰ ককাইদেউৰ ঘৰতে বহিব লাগিব আৰু কামৰ আচঁনি ঠিক কৰিব লাগিব । বেয়া হʼবনে ? " ভাল হʼব বুলি শলাগিলে মোহনে ।
অলপ সময়ৰ পাছত কিবা এটা মনত পৰাৰ দৰে আকৌ সুধিলে নগেনে "হেৰি নহয় মোহন , কেইদিন আগৰ পৰা লক্ষ্য কৰিছোঁ তই মানুহটো কিছু ভাবুকৰ দৰে হৈছ । কাম-কাজো কৰিছ , আমাৰ লগতো হাঁহি তামচা কৰিছ । তাৰ মাজতো যেন তই অলপ অন্য , মনস্ক কথাটো কি কচোন । কিবা অসুবিধা..... । অʼ আৰু ৰঘুৱে কʼলে তই বোলে অকলে অকলে নৈৰ পাৰত বহি কিবা ভাবি থকা এল পি স্কুললৈ যাওঁতে কেইবা দিনো দেখিছে । কি হৈছে হয় তোৰ ? "
মোহন যেন কিছু বেছি গহীন হৈ পৰিল । উদাস উদাস ভাৱ এটাই তাক যেন আকৌ আবৰি পেলালে । কিছু নীৰৱতাৰ পাছত উদ্বিগ্ন তাৰে তাৰ মুখলৈ চাই থকা নগেনলৈ নোচোৱাকৈ কৈ গʼল ইতিমধ্যে সি স্বপ্নাক তাৰ পৰা আঁতৰি যাবলৈ কোৱা , স্বপ্নাই জেদী ভাৱেৰে তাৰ প্ৰত্যুত্তৰত কোৱা সমস্ত কথাবোৰ । এইবাৰ সি আবদাৰ ধৰিলে নগেনৰ ওচৰত "চা নগেন ! তইতো জানই , মোৰ দৰে অৰ্ধ শিক্ষিত ,সম্বলহীন লʼৰা এটাৰ কাৰণে তাইৰ সম্ভাৱনা ভৰা ভৱিষ্যত এটা , সুখৰ ভৱিষ্যত এটা নষ্ট কৰিবলৈ কিয় জেদ ধৰিব লাগে ? মই ইমানকৈ কোৱাৰ পাছতো তাই তাৰ মততে আকোৰগোজ আৰু তাই যেনিবা সাহস কৰি মোৰ জীৱন লৈ আহিলেই মইনো বাৰু বিৰাট শূন্য হৈ নপৰিমনে ? মই নোৱাৰিছো নগেন। তাই অলপতে দুদিন মানৰ কাৰণে ঘৰলৈ আহিব ।তই তাইক বুজাবিচোন অলপ।"
নগেন ভাল দৰে জানে তাইৰ নীতি আদৰ্শৰ ক্ষেত্ৰত আপোচ নকৰে । তাইৰ সাহসৰ কথাও জানে । তাই যে এই বোৰ কথা মানিব সেইটো আশা কৰিব নোৱাৰি। ওলোটাই এইবাৰ মোহনক বুজনি দিলে সি "চা মোহন ,স্বপ্নাই যি ভাবিছে ,যি কৰিছে বা কৈছে সেয়া মইও ভুল বুলি নাভাবো । তাইৰ নামৰ পাছত ডিগ্ৰীৰ নেজ এডাল লাগিব। সেই বুলিয়ে তাই তাক কি যুক্তিত সৰু বুলি ভাবিব ? আৰু ডিগ্ৰী এটা নাথাকিলেই তোৰ ব্যক্তিত্বৰ মূল্য নাথাকিব নে ? আৰু শুন বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰে এজন মানুহৰ জ্ঞান-আদৰ্শ , ধ্যান-ধাৰণা তথা ব্যক্তিত্ব নিৰূপণ কৰা নহয়।"
নগেনৰ কথাই তাক যেন অধিক চিন্তিত হে কৰি পেলালে। সিও দেখোন স্বপ্নাৰ কথাবোৰহে সমৰ্থন কৰে।
নগেনে আকৌ কৈ গ'ল " বৃত্ত আমিয়েইটো ভাঙিব লাগিব" । তাৰ যেনিবা প্ৰথম পদক্ষেপটো স্বপ্নাই ল'ব । মই বৰঞ্চ তাইৰ বৃত্তটো ভঙাতহে সহায় কৰিম । তোৰ অদৰকাৰী চিন্তাবোৰ বাদ দে । এতিয়া আমি আমাৰ কাম কৰি যোৱা উচিত । আমি যে সঁচা অৰ্থত প্ৰগতিশীল সেই কথা প্ৰমাণ কৰিম আমাৰ কৰ্মৰে আমাৰ নৱ চিন্তাৰে । তোৰ এই চিন্তাবোৰ মগজুৰ পৰা বিদায় দিবই লাগিব ।
"জানো , ক'ব নোৱাৰোঁ । সময়ে মোক কি কৰাব বা কলৈ লৈ যাব । তই যা বাৰু । মই গৰুহাল আনোগৈ । আন্ধাৰ হ'বৰে হ'ল । " কৈয়েই মোহন লাহে লাহে পথাৰ খনৰ ফালে আগবাঢ়িল । চাইকেল খন লৈ নগেনো ঘৰমুৱা হ'ল । পাতলীয়া আন্ধাৰৰ বৰণ এটাই পৃথিৱীখন ঢাকি ধৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া । আন্ধাৰৰ পৰা জোনাকী পৰুৱাবোৰ এটা দুটাকৈ ওলাবলৈ আৰম্ভ কৰিছিল ।
(আগলৈ)
পৃষ্ঠাঃ ১০
ধাৰাবাহিক উপন্যাসঃ
অভিশ্ৰুতি
চয়নিকা বৰুৱা
যোৰহাট
৯৭০৬২৬৯১০০
(খণ্ড---৪)
(যোৱা সংখ্যাৰ পিছৰ পৰা)
•তুমি নোখোৱা ?
•মই খাম। আপোনালোকে আৰম্ভ কৰক চোন।
•মাজনী তুমিও লগতে বহাঁ।
•থিক আছে মা।
সকলোৱে ভাত খাবলৈ বুলি বহিলে...পাকঘৰৰ দৰজাখনৰ ফালে থকা চকীখনত মা বহিলে, তাৰ সন্মুখত থকা চকীখনত দাদা, বেৰৰ দাতিলে থকা চকীদুখনত কিবাকিবি বস্তু কেইপদ মান থৈ দিয়া আছে, বেৰৰ সন্মুখত থকা চকীদুখনৰ এখনত তেওঁ বহিলে, বাকী থাকিল তেওঁৰ কাষৰ চকীখন
•কি হ'ল মাজনী তুমি বহা নাই যে কিয় ?
•অ...হ বহিছো মা।
বহোঁ নবহোঁকৈ তেওঁৰ কাষৰ চকীখনতে বহিলো..তেওঁ মোৰ কাণৰ কাষলে আহি গহীনাই ক'লে
•ভয় খাব নালাগে miss Srutishna মই চিনামৰ দৰে টেবুলৰ তলত তোমাৰ হাতখন ধৰি নাৰাখো।
কি কৈ দিলে একো তলকিবই নোৱাৰিলো। চকু কেইটা কিবা যেন থৰ হৈ ৰ'ল মিছা কৈ লাভো নাই। যেতিয়া তেওঁৰ কাষত বহিবলৈ লৈছিলো তেতিয়া সঁচাই মোৰ মনলৈ ধাৰণা আহিছিল, তেওঁ বাৰু মোৰ হাতখন কেনেবাকে ধৰিব নেকি ? মই কেনেবাকৈ বাওঁহাতে খাব লাগিব নেকি ?ধেৎ কি কথা যে ভাবিছো এইবোৰ কিবা চিনেমাতহে হয়।
•আচ্ছা অভি কোৱাচোন তোমাৰ ঘৰত কোন কোন আছে ?
মাৰ মাতষাৰত কল্পনাৰ পৰা বাস্তৱলৈ আহিলো
•মোৰ ঘৰত থাকোঁতে সকলোৱেই আছে মাহীদেউ। মা, দেউতা, মোৰ মৰমৰ ভাইটি, খুড়া, খুড়ী, আইতা, ককা সকলোৱেই আছে।
•ভাল লাগিল শুনি। সকলো কিমান আনন্দেৰে থাকা চাগে ভাবিয়েই ভাল লাগিছে।
•ওম থিকেই মাহীদেউ আমি সকলো আনন্দেৰে থাকো। কাৰণ মই ভাল পোৱা সকলোৱেই আছে মোৰ ঘৰত। কিন্তু...
•কিন্তু ?
•কিন্তু আছে কেৱল বেৰত উলমি মালা পিন্ধি এখন ফটোফ্ৰেমত।
খাবলে লোৱা ভাতমুঠি মোৰ হাতৰ পৰা সৰি পৰিল। কি শুনা পালো মই ? মাৰো চকুৰ পানী ওলাই আহিল । মাৰ মুখখনতে ধৰিব পাৰিছো। মাৰ এনে লাগিছে কিয় সুধিলে অভিক ঘৰৰ কথা ?
•কি হ'ল মাহীদেউ আপুনি কিয় কান্দিছে ? আপুনি নাভাবিব মই আপোনাক বেয়া পাম বুলি। মই যি ক'লো সেইয়া চিৰসত্য তাত মই এতিয়া দুখ কৰি একো লাভ নাই আৰু মোৰতো দুখ লাগিব লগীয়া একো কথায়েই নাই মোৰ মামাহঁত আছে মোৰ মাৰ দৰে আপুনি আছে।
•থিকেই কৈছ অভি দুখ কৰি এতিয়া একো লাভ নাই। খা খা ভাত খা।
কিয় নাজানো সেই সময়ত মোৰ কিয় ইচ্ছা হৈছিল তেওঁক সাৱটি ধৰি কান্দি দিবলৈ আৰু ক'বলৈ আপোনাৰ লগত মই আছো আজীৱনৰ কাৰণে।
•শ্ৰুতি...
মাতষাৰ শুনি মই মোৰ ভাবনাৰ সাগৰখনৰ পৰা বাস্তৱৰ মহাসাগৰ খনিলৈ ঘূৰি আহিলো
•ওম কওক চোন
•তুমি যোৰহাটলৈ কেতিয়া যাবা ।
অহ্ আপোনালোকক কোৱাই নহ'ল নহয়। মই গৰম বন্ধত যোৰহাটৰ পৰা গোলাঘাটলৈ আহিছোহে। মোৰ ঘৰ গোলাঘাটত। কিন্তু যোৰহাটত মই বৰ্তমান পঢ়ি আছো। কি পঢ়ি আছো ক'ত পঢ়ি আছো সেইয়া নিশ্চয় জনাম কিন্তু এতিয়া নহয়। কিছু পলমকৈ। এতিয়া আকৌ আমি কাহিনীলৈ সোমাই যাওঁ বলক।
•মই আৰু ২০ দিনৰ পাছত যাম।
•থিকেই লগ পাম সোনকালে তেন্তে।
•পোৱালি মাছৰ আঞ্জাখন অলপ আগবঢ়াই দে
•ৰহ্ মইয়েই আগবঢ়াই দিছো।
মোৰ সন্মুখেৰেই অলপ হাউলি তেওঁ মাছৰ আঞ্জাখন দাদাক নি দিলে। কিন্তু তেওঁ যে মোৰ সন্মুখেৰে পাৰ হৈ গৈছিল সেই সময়ত মনত এক বেলেগ অনুভূতি জাগি উঠিল। কি এই অনুভূতি ? নাজানো এই অনুভূতি ক'ত আৰম্ভ হৈছিল আৰু কিমান দূৰলৈ আগবাঢ়িব ? এই অনুভূতিত ! নাই একো নাজানো মই। একো বুজিব পৰা নাই। বুজিছো মাথোঁ এই অনুভূতি ভাল লগা । মিঠা মিঠা
•মিঠা মিঠা আজি দুচকুতে...
(আগলৈ )
পৃষ্ঠাঃ ১১
ধাৰাবাহিক গল্পঃ
পথভ্ৰষ্ট ডিম্বাণু
বাস্তৱ বড়া
সহকাৰী অধ্যাপক
টিংখাং মহাবিদ্যালয়
(যোৱা সংখ্যাৰ পিছৰ পৰা)
আউল-বাউল চুলিকোছা দুহাতেৰে সামৰি কপাহী চাদৰখন ঠিক কৰি লয় ৷ চন্দ্ৰই বাগৰ মাৰে ৷ ফেৰফেৰীয়া চেঁচা বতাহ এচাটি সোমাই আহে ৷ বাঁহৰ ঢাপলিকাখনৰ ফাঁকেৰে তাই দেখিছে আকাশত ডাৱৰ ফালি জোনটো এবাৰ ওলাইছে এবাৰ সোমাইছে ৷ এন্ধাৰ হৈছে।
চন্দ্ৰই নিজৰ সন্তানৰ কথা ভাবিবলৈ বাদ দিলে ৷ ৰোহিণীয়ে মানুহৰ কথাবোৰ শুনি স্কুললৈ যোৱা বন্ধ কৰিলে ৷ আপোনাৰ মোৰ মতে 'তাই হেনো বাজী ৷ চন্দ্র, সঁচাই চন্দ্রহেন এটা থুলন্তৰ পুৰুষ, তাৰ খুঁট নাই ' ৷ তাইৰ খং উঠে মানুহবোৰলৈ ৷ আমালৈ ৷ চন্দ্ৰই প্ৰতিবাদ নকৰে, একো নকয় ৷ তাইৰ আৰু খং উঠে ৷ গাত কেতিয়াবা চাদৰখন নেপেলোৱাকৈ তাই আইনাত নিজকে চাই, তাই বাৰু এলাগী নেকি ? বুকুখন বাৰু তাইৰ শিলৰ মেটমৰা ভাৰ নেকি? গাললৈ উঠি অহা হাতখনে কপালৰ অলকা একাষৰীয়া কৰি ভাৱে তাই বুঢ়ী হৈ গ'ল নেকি ? তাই উজাই আহে ক'ৰবাৰ পৰা সেই ভাবটো তাই সঁচাই বাজী নেকি?
গাঁৱৰ স্কুলখনত ল'ৰা-ছোৱালীবোৰ নোহোৱা হ'ল ৷ অভিভাৱকসকলে নিজৰ ল'ৰাবোৰ চহৰৰ স্কুললৈ লৈ গ'ল ৷ দুটা ল'ৰাৰে সিহঁতৰ স্কুলখন বন্ধ হৈ গ'ল ৷ চন্দ্ৰৰ স্বভাৱৰো সলনি হ'ল ৷ সন্তানহীনৰ অভাৱটোৱে তাক এতিয়া বাৰুকৈয়ে চেপিবলৈ ধৰিলে ৷ সিও ৰোহিণীক গালি পাৰিবলৈ ধৰিছে ৷ ধৰণী চুকৰ মহীৰাম কেওঁটৰ পুতেক তাৰ একে বয়সীয়া ইন্দ্ৰৰ লগত সি আজি-কালি চহৰৰ ৰঙাপানীৰ সোৱাদ লয় ৷ প্ৰথম দুদিনমান সি বাহিৰত খাই আহিছিল ;কিন্তু ৰোহিণীয়ে গালি পৰা দেখি পিছৰ দিনাৰ পৰা ঘৰৰ মজিয়াতে সিহঁত বহিবলৈ ল'লে ৷ তাই সঁকিয়ালে - মাষ্টৰ মানুহ হৈ এনেখন কৰিলে সমাজে কি ক'ব ? আপোনাৰ ছাত্ৰই আপোনাক মানিবনে? কোনোদিনে অবাইচ যেন লগা মাতবোল নমতা চন্দ্ৰই তেনে মাত এষাৰ মাতি দুগুণ খংত উত্তৰ দিলে-" মাষ্টৰবোৰ মানুহ নহয় নেকি ? তেওঁলোকৰ দুখ-ক্ষোভ -ভোক নাই নেকি ? সমাজৰ মানুহে নিজৰ ল'ৰা-ছোৱালীক শিক্ষিত হিচাপে পালে, মই কি পালোঁ? মানসিক তৃপ্তি ? কেৱল মানসিক তৃপ্তিয়ে মোৰ ভোক মাৰিলে নে ? মোৰ নিজৰ সন্তানে মোক দেউতা বুলি মতা মাতষাৰেই নুশুনিলোঁ ৷ সেই স্বাৰ্থপৰ সমাজৰ তুলনা দি মোক কথা নক'বা ৷'
'কিন্তু আপুনি যে কৈছিল-সিহঁতবোৰেই আপোনাৰ সন্তান ? আকৌ তেনেস্থলত? '
'অ' কৈছিলোঁ; কিন্তু মই সিহঁতক মানুহ কৰিব নোৱাৰিলোঁ, মোৰ যোগ্যতাই নাছিল ৷ নহ'লেনো সিহঁতে মোৰ আগতেই মাতাল হৈ পৰেনে? মুখা পিন্ধিবলৈ শিকিলে সকলোৱে ৷ সেয়ে মইও মুখা পিন্ধিম ৷ আনক ঠগিবলৈ মই সিহঁতক বিনাবেতনে পঢুৱালোঁ…' তাই নিমাতে থাকে ৷ তাইক কেইবাৰো বাজী বাজী বুলি গালি পাৰি সি টোপনিত ঢলি পৰে ৷ ইন্দ্ৰই আজি বৰকৈ চাইছিল ৷ তাই মন কৰিছিল সি যেন তাইৰ এই ওলমি পৰা বুকুখন পিতপিতাই ফুৰিছিল ৷ তাৰ যি চাৱনি সেই চাৱনি তাই আজিলৈকে চন্দ্ৰৰ চকুত দেখাকে নেপালে ৷ তথাপি তাই নিজকে আবুৰ কৰি ইন্দ্ৰক গুৰুত্ব নিদি ভিতৰলে গুচি গৈছিল ৷ ৰাতিপুৱা তাই চন্দ্ৰক সেই কথাবোৰ কয় ৷ সি একো নামাতে ৷ গধূলি হয় ৷ আকৌ ঘটনাবোৰ শিপাই, একেই ঘটনাৰ পুনৰাবৃত্তি হয় ৷
মোৰ দৰে আপুনিও চাগে ৰঙেই পাইছে ৷ পতি-পত্নীৰ কন্দল শুনি কাৰণো বেয়া লাগে ? সংসাৰ ভাঙি যোৱা দেখিলে আমিচোন সুখেই পাওঁ ৷ এখন পুতৌসূচক মুখা পিন্ধি আমিয়েই কওঁ -'আই ঐ দেহি, বেয়াই লাগে পায়…!'
(আগলৈ)
পৃষ্ঠাঃ ১২
অণুগল্পঃ
মৰ্য্যদা
হেমা চৌধুৰী গগৈ
'হে-ৰা ভন্টী চাওঁ এইফালে, কফি একাপ দিয়া।' ধুনীয়া সাজত সাজি-কাচি অহা সমবয়সীয়া ছোৱালীকেইজনীয়ে চেলফি লৈ থকা ফালে একান্তমনে একাষত কফিৰ ট্ৰেখন লৈ ৰৈ থকা ছোৱালীজনীক ভদ্ৰ পুৰুষজনে মাত লগালে। তাই সম্বিত ঘূৰাই পাই লৰালৰিকৈ ভদ্ৰপুৰুষৰ হাতত কফি কাপ তুলি দিলে।
''অলপ হাঁহি দিয়া'। এজনী ধুনীয়া ছোৱালী তাইৰ কাষলৈ আহি চেলফি ল'লে। তাই উৎসুকতাৰে প্ৰশ্ন কৰিলে-' মোৰ ফটোখনো ফেচবুকত দিবনে বাইদেউ? '
ধুনীয়া ছোৱালীজনীয়ে হাঁহি মাৰি সঁহাৰি জনালে।
অস্তাচলৰ আবেলি
স্নিগ্ধা বৰুৱা বড়া
আৰামী চকীখনত অলসভাৱে এৰি দি নীৰদা বৰুৱা বাৰাণ্ডাতে বহি পৰিল ৷ বেলিটোও অস্ত আকাশত বহি পৰিছে ৷ দিকবলয়ত ধূসৰ হৈ পৰিছে নীলা নীলিমাৰ ৰং, হযতো সোনকালে আন্ধাৰ নামিব ৷ ঘন ক'লা চুলিৰে ঢাকি ধৰিব অৰণ্যৰ সেউজীয়া বুকু ৷
মৌনতাৰ বোকোচাত দুখ আৰু সুখৰ এখন ছাঁয়া ছবিয়ে দোলা দি গ'ল তেওঁক ৷ বিষণ্ণতাৰে ভৰা এটা হুমুনিয়াহ নীৰদা বৰুৱাৰ মুখেৰে ওলাই আহিল-পোহৰ হেৰুৱাই নিঠৰ পৃথিৱীৰ প্ৰাঙ্গন এতিয়া আন্ধাৰত শুই পৰিব ৷ আকাশৰ নিঠৰ জোনটোৱেও যেন নিৰৱে উচুপি থাকিব ৷
সুখ
নয়নী হাজৰিকা
বিশ্বনাথ চাৰিআলি
গাত এৰিয়া চাদৰখন মেৰাই বিপিন মাষ্টৰ হাটৰ ফালে ওলাই গ'ল। শূন্য দৃষ্টিৰে তেওঁ কিনো চাইছে নিজেই নাজানে। বুকুত এচপৰা শিল হে যেন বহাই থৈছে।
কি কৰিব একো উৱাদিহ পোৱা নাই। পেঞ্চনৰ ১৬০০ টকা দেখোন মাহটো সোমাওতেই শেষ হয়। চৰকাৰী চাকৰি কৰে বুলি কোনো অনুদানো নাপায়। শৰীৰেও এই বয়সত পৰিশ্ৰম কৰিবলৈ নিদিয়ে। ইফালে ডাঙৰটো পুতেকৰ তাত থাকিবলৈ যোৱা ঘৈনিয়েকে ফোনেই কৰি আছে "বোলে ল'ৰাৰ তাত মোৰ ভোগ উকলিল।" যাই নো কেনেকৈ !হাতত ফুটাকড়ি এটা নাই।
হাটৰ ওচৰ পাই মাষ্টৰে হঠাৎ ৰৈ যাবলৈ বাধ্য হ'ল। কোনোবাই তেওঁৰ ভৰি দুখনত স্পৰ্শ কৰিছে। চাই দেখে একালৰ প্ৰিয় ছাত্ৰ এজন। মাষ্টৰৰ চকুৰে পানী বৈ আহিল নিজৰ সৃষ্টিৰ সংস্কাৰ দেখি। বুকুখনৰ শিলটো বৰফ হৈ গলিল ।
পৃষ্ঠাঃ ১৩
এক মিনিটৰ গল্পঃ
ব্যতিক্ৰম
আদৃতা শিৱম
সোণতলিছিগা, শিৱসাগৰ
কথাবোৰ মই অকণো ভালপোৱা নাছিলোঁ ৷ ভাল নাপালেও চাই ৰৈছিলোঁ মানুহগৰাকীৰ কপালৰ ফোঁটটো মচি দিয়া হৈছিল ৷ সলাই দিয়া হৈছিল দেহৰ বস্ত্ৰ ৷ শুধ বগা সাজেৰে তেওঁক শেষবাৰৰ বাবে চুই চাবলৈ ॥ দিয়া হৈছিল প্ৰিয় পুৰুষজনক ৷
তেওঁৰ চকুত ভাঁহিছিল পুৰণা দিন এটি :
: চোৱাহিচোন কি আনিছো মই !
দুটা পেকেটত দুযোৰ সেউজীয়া-বেঙুনীয়া চেলোৱাৰ ৷
: কিয় আনিলা এইবোৰ ? মায়ে বেয়া পাই যদি পিন্ধিলে ৷
: নাপায় বেয়া ৷ আমি একেলগে কৰ’বালৈ ওলাই যাওঁতে তুমি এইবোৰেই পিন্ধিবা ৷ মই ধুনীয়া দেখো ৷
তেওঁৰ মুখখন প্ৰসন্নতা উপচিছিল ৷ অনবৰতে মেখেলা চাদৰ পিন্ধিবলৈ সঁচাই বিৰক্তিকৰ ৷
: আৰু শুনা ৷ ঘৰত থাকিলেও ধুনীয়াকৈ থাকিবা ৷ ৰঙীন হৈ থাকিবা ৷ মোৰ ভাল লাগে ৷
তেওঁৰ ওঁঠেৰে লাজুক হাঁহি এটা পাৰ হৈ গৈছিল ৷ মানুহজনে চাই ৰৈছিল তেওঁলৈ ৷ চকুপানীৰে বাট নেদেখা হৈ এতিয়া সেইগৰাকী মানুহেই পৰি ৰৈছে তেওঁক ভালপোৱা মানুহজনৰ বুকুত ৷ শেষ বিদায় জনাবলৈ ৷
শহুৰেকৰ ঘৰখন তেওঁৰ বাবে নিজৰ ঘৰৰ দৰে আছিল ৷ কোনেও একো কথাতে হকা-বধা কৰা মনত নপৰে ৷ কিন্তু হঠাৎ কি যে হৈ গ’ল ! বজাৰলৈ গৈছিল তেওঁ ৷ এমোনা পাচলি লৈ ফ’ন কৰিছিল মানুহগৰাকীলৈ ৷ “চাহ খাবলৈ কি নিম কোৱা ৷” সেইদিনা চাহ খোৱা নহৈছিল তেওঁলোকৰ ৷ কোনোবাই চেপা মাতেৰে কৈছিল “স্পট ডেথ্” ৷ হস্পিতেললৈ দৌৰি গৈছিল গোটেইঘৰ মানুহ ৷ একেটা কেম্পাচতে থকা আমিবোৰো ওলাইছিলোগৈ চিভিল হস্পিতেল ৷ ডাক্টৰে ঢাকি দিছিল তেতিয়াও কুহুমীয়া উত্তাপ বৈ থকা তেওঁৰ শৰীৰটো ৷ মূক হৈ ৰৈ আছিল মানুহগৰাকী ৷
শ্ৰাদ্ধ শেষ হোৱাৰ পিচত তেওঁৰ ওচৰত থিয় দিছিলহি
কলেজত পঢ়ুওৱা বাইদেউ এগৰাকী ৷ তাইৰ মূৰত হাত ফুৰাই কৈছিল ;
: তোমাৰ যেনেকৈ মন যায় তেনেকৈ থাকিবা ৷ বিষণ্ণতাই দুখ বোৱায় ৷ আনন্দৰ মাজেৰেও কাৰোবাক জানো জীয়াই ৰাখিব নোৱাৰি ৷
শাহুৱেকেও কৈছিল ;
: সমাজে হাঁহিব বুলি নিয়মৰ নামত বগা কাপোৰবোৰ নিপিন্ধিবা ৷ এইযোৰ সাজত তোমাক দেখিলে সি নথকা কথাটোৱে কলিজা দহে ৷ সি জানো নাই ! সি তোমাৰ-মোৰ কলিজাৰ উমত সদায় জী থাকিব ৷
পলমকৈ শুই উঠাটো মোৰ পুৰণি অভ্যাস ৷ খিৰিকীখন মেলিয়েই তেওঁক দেখিলো : আজি তেওঁ বেঙুনীয়া সাজ এযোৰ পিন্ধিছে আৰু কপালত আঁকি লৈছে এটা ৰঙা বেলি . . . .৷৷
পৃষ্ঠাঃ ১৪
এক মিনিটৰ গল্পঃ
স্বাৱলম্বী
নিহাৰীকা বৰগোহাঁই
শিৱসাগৰ
কিমান সপোন আছিল তাইৰ ...ভৱিষ্যত জীৱনক লৈ...তাই পঢ়িব.. চাকৰি কৰিব.. জীৱনটো উপভোগ কৰিব।
কিন্তু উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষতে তাইৰ সপোনে বাট হেৰুৱাই পেলাইছিল ।আচৰিত লাগে ভাবিলে তাইৰ কেনেকৈ নিজৰ আপোন পিতৃ-মাতৃও ইমান স্বাৰ্থপৰ হ'ব পাৰে??
মনলৈ আহিল তাইৰ সেই ভয় লগা দিনবোৰ.. কলেজৰ পৰা আহি ঘৰ সোমাইছিল তাই.. মাক শুই আছিল গা বেয়া বুলি । একেৰাহে প্ৰায় তিনিটা সপ্তাহ খটি হৈছিল কলেজ । ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব পালন কৰিবলগীয়া হৈছিল ,ল'ৰা সন্তানৰ আশাত পাঁচজনীকৈ ছোৱালী জন্ম দিয়া ঘৰখনৰ ছয় নম্বৰৰ সন্তানটো আছিল মাটিত থলে পৰুৱাই খোৱা ,মূৰত টুলিলে ওকনিয়ে খোৱা প্ৰকৃতিৰ আৰু তাই আছিল ঘৰখনৰ ডাঙৰ সন্তান ।
হঠাৎ এদিন সিহঁতৰ ঘৰৰ পদূলি মুখত কেইবাখনো চাৰিচকীয়া গাড়ী । অনুমান কৰিছিল ঘৰলৈ কোনোবা আলহী অহাৰ কথা, কিন্তু ভৱা নাছিল মানসিক ভাৱে আজি তাইৰ মৃত্যু হ'ব..... বিয়া আজি তাইৰ, আয়োজনৰ নামত দৰা আৰু কইনাঘৰীয়াৰ একেলগে এসাজ ভাত ।
কোনো দিন ভাল মাত এষাৰ নিদিয়া দেউতাকে তাইৰ বিদায় সময়ত কৈছিল মাজনী তোৰ কপাল বৰ ভাল অ... টকা পইচাৰ অভাৱ নাই, যি ইচ্ছা তাকে কৰিব পাৰিবি , তোক পঢ়া-শুনাৰ সুবিধাকনও দিব ।
তাই আগবাঢ়ি গৈছিল লৰাজনৰ লগত চিনাকী হবলৈ...কিন্ত ই কি?? চিঞৰি চিঞৰি কান্দিছিল তাই... বিয়া হৈ গৈছিল তাইৰ...শহুৰ-শাহুৰ বাহিৰে কোনো নাছিল ঘৰখনত । তেওঁলোকে তাইক যঠেষ্ট মৰম কৰিছিল । তাইৰ দুখ দেখি শাহুয়েকে কান্দি কান্দি খোলি দিছিল পুতেকৰ জীৱনৰ এক ভয়ানক অধ্যায় নাৰী প্ৰতি থকা আসকক্তি । প্ৰথমবাৰৰ বাবে অসহায় হৈ কান্দিছিল তাই ।
হেঁপাহ পলুৱাই কান্দিছিল তাই...শাহুয়েকে তাইক সান্তনা দিছিল, আৰু বিয়াৰ সময়ত কথা দিয়াৰ দৰে পঢ়া-শুনাৰ সুবিধা কৰি দিছিল । পাছৰ বছৰত পুনৰ আন এখন কলেজত উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষতে নাম ভৰ্তি কৰাই দিছিল । উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চহৰলৈ ওলাই আহিছিল উচ্চ শিক্ষাৰ বাবে তাৰ পিছত পিছলৈ ঘূৰি চাবলৈ তাইৰ সময় নাছিল । সুদীৰ্ঘ দহটা বছৰৰ পিছত তাই স্বামী গৃহলৈ উভতি আহিছে বোৱাৰী হিচাপে নহয় সেই ঘৰৰ জীয়ৰী হিচাপে , একমাত্ৰ সন্তানক তাজ্য পুত্ৰ কৰাৰো প্ৰায় দহ বছৰেই হ'বৰ হ'ল । তথাপিও সুখী তেওঁলোক , আজি হেজাৰজনী নাৰীৰ অনুপ্ৰেৰণা নিকিতা... স্বাৱলম্বী নিকিতা ।
পৃষ্ঠাঃ ১৫
অনুবাদ কবিতাঃ
অনুবাদ:
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলিপাৰা, গুৱাহাটী
ম'বাইল নং +৯১ ৭০০২৪০৯৬৫৫
পৃথিৱীৰ উত্তৰ
(Earth’s Answer)
by William Blake
পৃথিৱীয়ে মূৰ তুলি চালে
ঘোপমৰা অন্ধকাৰ আৰু আতংকৰ পৰা,
তেওঁৰ পোহৰ পলাল,
শিলাময়, আতংক ভৰা,
আৰু তেওঁৰ কুন্তল ধূসৰ হতাশাই ঢকা।
পানীভৰা সমূদ্ৰতীৰত বন্দী,
তৰালি ঈৰ্ষাই কৰে মোৰ আশ্ৰয়স্থল
শীত আৰু বৰফৰ চামনিৰে ঢকা;
কান্দোনৰ শেষত,
শুনো মই আদি-মানৱৰ পিতৃৰ মাত।
মানৱৰ স্বাৰ্থপৰ পিতৃ!
নিষ্ঠুৰ, ঈৰ্ষাম্বিত, স্বাৰ্থান্ধ ভীতি!
আনন্দিত হ’ব পাৰে,
ৰাতি শিকলিৰে বান্ধি-
যৌৱনৰ কুমাৰীত্ব আৰু পুৱতি নিশাৰ তৰা।
বসন্তই নিজ আনন্দক লুকাই নে,
যেতিয়া মুকুল আৰু ফুলৰ কলি ওলাই ?
কৃষকে বাৰু
নিশা গুটি সিঁচে নে,
অথবা হালোৱাই ৰাতিৰ আন্ধাৰত হাল বাই নে ?
ছিঙা এই গধুৰ শিকলি,
যাৰ বাবে নিথৰ হৈছে মোৰ হাড়!
স্বাৰ্থপৰ, মিছা অহংকাৰী,
অন্তহীন নাশকাৰী,
মুক্ত প্ৰেমক বান্ধি ৰখা সেই দাসত্বৰ শিকলি।
(যোৱা এক নবেম্বৰৰ একাদশ সংখ্যাৰ অঙ্গনত কবি উইলিয়াম ব্লে’ক(১৭৫৭-১৮২৭)ৰ ‘Songs of Experience’ নামৰ কাব্য সংকলনখনৰ ‘Introduction’ শীৰ্ষক কবিতাটি ‘ভূমিকা’ নামেৰে প্ৰকাশ হৈছে। সেই কবিতাটিত পৃথিৱীক কৰা আহ্বানৰ উত্তৰ হিচাপেই কবি জনাই সংকলনটোৰ দ্বিতীয় কবিতা ‘Earth’s Answer’ (পৃথিৱীৰ উত্তৰ) কবিতাটি লিখিছিল বুলি কোৱা হয়।)
-----------------------------------------------------------------------
পৃষ্ঠা:১৬
বাঘ
মূল(হিন্দী)- কেদাৰনাথ সিং
অনুবাদ- প্ৰাঞ্জল কুমাৰ লাহন
পুবাই পুবাই এটা শিশুৱে কান্দিছিল
তাৰ হাতৰ পৰা পৰি ভাগি থাকিল
মাটিৰ বাঘ
এটা সৰু সুন্দৰ বাঘ
যি যুঁজ দিছিল তৰাৰে
যুঁজ দিছিল জোন, বেলি আৰু সমু্দ্ৰৰ দৈস্যুৰ সৈতে
ঠিক তাৰ চকুৰ আগতে
তাৰ হাতৰ পৰা পৰিল আৰু ভাগিল
আৰু এতিয়া সি কান্দি আছে
কিয়নো সি আচৰিত হৈছিল
পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তু
ইমান সহজকৈ পৰিল আৰু ভাগি গ’ল
সোণালী ৰ’দত
তাৰ চকুলোৰে সিক্ত দুচকু তেতিয়াও
বাঘটোৰ ওপৰতে আছিল
হঠাতে তাৰে এনে লাগিল
বাঘটো যেন লৰিছে
টুকুৰা-টুকুৰা হোৱাৰ পৰা গোজৰণি মাৰি
জপিয়াই খিৰিকীৰে বাহিৰলৈ গুচি গ’ল
এতিয়া কি কৰা যায়!
মই ভাবিয়েই আছিলোঁ যে
ৰাস্তাৰ সিপাৰে দেখা পালো কবিৰ আহুকাল
মই ক’লোঁ, শাস্ত্ৰী ডাঙৰীয়া শিশুটোৱে কান্দিছে
কিবা এটা কৰিব লাগিব
ব’লা যাওঁ লৈ আহো অন্য এটা বাঘ
না না নহয় নহয় তাৰটো এটা জীদ হৈছে
সেইটো মাথোঁ, সেইটোৱেই বাঘ লাগে
ভগাৰ আগতে যি আছিল!
তেওঁ জোকাৰ খাই গ’ল
তাৰ পাছত তেওঁৰ চকুত এক অদ্ভুট চমক আহিল
ব’লা যাওঁ সেই বাঘটোকে আনোগৈ
মই ক’লোঁ, সেইটো বাঘ ক’ত পাম?
পাম তেওঁ ক’লে
ক’ৰবাত নহয় ক’ৰবাত
কুমাৰৰ চকুত থাকিব নিশ্চয় অবিকল তেনেকুৱাই
মই সন্দেহ নকৰিলোঁ
আৰু তেওঁৰ পাছে পাছে গ’লোঁ
তাৰ পাছত বহুত সময় পাৰ হৈ গ’ল
আৰু আমি গৈ থাকিলোঁ
আগত কবি ত্ৰিলোচন
আৰু পাছে পাছে মই
এনে এটা বাঘৰ সন্ধানত
যি এটা পুৱা মাটিত পৰি ভগাৰ
আগলৈকে আছিল সি...
পৃষ্ঠাঃ ১৭
কবিতাঃ
বোধিদ্রোম
ৰুদ্ৰ সিংহ মটক
ফুলে-কুঁহিপাতে ধুনীয়া ৰ'দ-সেউজীয়া
স্থাপত্য
কঢ়িয়াই ফুৰিছো বুকুৰ ভিতৰত ক'ব নোৱাৰাকৈয়ে
গছৰ ছাঁতে দূৰণিৰ বাটৰ দুখৰ ভাগৰ
গছৰ তলতে দুটা মূহূৰ্তৰ সুখৰ টোপনি
গছৰ ছাঁত জিৰাওঁ গছৰ নাম হ'লে নোসোধোঁ
ফল ভক্ষণ কৰিলেও গছৰ দু:খ নুবুজো
যেতিয়া ডাল-পাত কঁপে বতাহত, তেতিয়াহে গম
পাওঁ আঁতৰি যোৱা নাই, গছজোপা চোন লগতে আছে
কেঁচা বা পকা, যেতিয়া ফল এটা সৰি পৰে চকুৰ আগত
প্ৰণিপাত জনাওঁ নেদেখা ঈশ্বৰক
গছ জুপিক হ'লে পাহৰি যাওঁ
ওচৰতো গছ দূৰণিতো গছ
উশাহতো গছ, নিশাহতো গছ
ইমান নিবিড় জোনাক আদিগন্ত সেউজীয়া
কি গভীৰ, মাটিৰ দৰেই গছৰ বুকুৰ ভালপোৱাৰ
মায়া
গছৰ সপোনৰ শিপা চুই আমাৰ হাঁহিৰ
পুল, জীৱন যৌৱন অনন্ত বসন্ত
পাহাৰতো বগাই গছ, একেবাৰে শিপালৈকে
চকু: আমাক আকাশ চুবলৈ শিকায়
(ধুমুহা আহিলেও আশংকাত কঁপি নুঠে বুকু
ঢলি পৰে বা আজন্ম চিনাকী গছজোপা ৷…
এনে কি আমাৰ চকুৰ আগতে শালগ্ৰামৰ গাত
বাগীকুঠাৰৰ ঘাপ পৰে, সেউজীয়া তেজ নিগৰে
টোপ-টোপকৈ
গাত পৰাৰ ভয়ত আমি নিৰাপদ ঠাইলৈ
আঁতৰো
চকুপানী এটুপিও নোলায়,
আমি কবৰৰ শিলত কটা মূৰ্তি।
পৃষ্ঠাঃ ১৮
কবিতাৰ প্ৰেমত পৰোঁ বাবেই
দুষ্যন্ত এম বৰুৱা
কবিতাৰ প্ৰেমত পৰোঁ বাবেই
গছ-লতাৰ সৈতে কথা পাতো মই
সেউজীয়া আলিংগনত ডুবি থাকো অহৰহ
সোণাৰুৰ হালধীয়াত সিঁচিব খোজো
তিৰবিৰ তৰালি হাঁহি ৷
নৈৰ বালিচৰত বিচাৰি ফুৰো
মোৰ নাঙঠ শৈশৱ
আৰু সমনীয়াৰ কিৰিলিত
গামোচাৰ গাঁঠি খোলা সময় ৷
কবিতাৰ প্ৰেমত পৰোঁ বাবেই
নৈৰ পানীযুৱলিৰ পৰাই
দুচকুত ৰৈ ৰৈ নাচে বালিমাহীৰ নাচ ৷
জাকি মাৰি চেলকণাইও
পানী মুকুতা দিয়ে ছটিয়াই ৷
কবিতাৰ প্ৰেমত পৰোঁ বাবেই
উৰুখা পঁজাৰ নঙলামুখত ময়েই
আশাৰ জকমক ৰাঙল এপাহ হৈ ফুলো
সেউজীয়া দলনিত শুই শুই
নীলিম আকাশৰ বুকুত
শুকুলা ডাৱৰে তোমাৰ ছবি অঁকা চাওঁ ৷
কবিতাৰ প্ৰেমত পৰোঁ বাবেই
আহিনীয়া পথাৰৰ সেউজীয়া পথাৰ ডৰাত
বতাহ কোবোৱা ঢৌ এটি হওঁ
নিজান দুপৰীয়া আঁহতৰ পাতত কপনি তোলা
ঘাটমাউৰাৰ বাঁহীৰ সুৰ এটি হওঁ ৷
পৃষ্ঠাঃ ১৯
এটি মলিয়ন চোলাৰ অস্পষ্ট পদ্য
গৌৰৱ বৰুৱা
দেৰগাঁও ৷
অবিন্যস্ত বস্তিটোৰ
দীঘলীয়া গলীটোৰ এচুকত
লুকাই থকা
এলান্ধু ক’লা চানেকিৰ
মলিয়ন চোলাটোৰ আঁৰৰ
ফিলাডেলফিয়া হাঁহিটোত লুকাই থাকে
অপ্ৰাপ্তি আৰু প্ৰাপ্তিৰ মাজৰ
বেতাল হুমুনিয়াহবোৰ !
বেঁকা হাঁহিবোৰে তাত ঠাই নুপুৰায়
নুপুৰাই চৰিত্ৰহীন আৱেগবোৰে
অথবা নষ্ট পদ্যৰ মাজৰ
আবোল তাবোল গদ্যবোৰে...
মলিয়ন চোলাৰ আৱেগে কদাপি
ভোকাতুৰ কলিজাৰ ভোক নুগুচায় ,
পিয়াহ নুগুচায়
তৃষ্ণাতুৰ হতভাগা পথিকৰ ৷
তাত কেৱল নিশব্দে ভাগে
তেজৰঙা কৈশোৰৰ উদ্দাত্ত যৌৱনৰ
ভৰ বাৰিষাত জীপাল হোৱা
সোণালী তৰাৰ সপোনবোৰ।
সেয়ে জীৱাশ্মৰ আবৃত্তিত
চিত্ৰপট আঁজুৰি
দীঘলীয়া গলীটোৰ সিপাৰৰ পৰা
দুখৰ ভেটা ভাগি উজাই আহে
কলিজা ভগাৰ কবিতা
কাঁইটীয়া নিশাৰ সপোন নিনাদত ৷৷
অবিন্যস্ত চিন্নমস্তাৰ ডেউকা ভগা আচৰণত
পাৰ ভগা কান্দোনৰ উজান উঠে ,
ভটিয়াই আহে এটা মলিয়ন চোলাৰ অস্পষ্ট পদ্য !
নিস্তব্ধ নীৰৱ অচঞ্চল হৈ
চন্দ্ৰকলাৰ কলিজাত মূৰ থৈ
হিয়া ঢাকুৰি
কেৱল দেৱতাই কান্দে !
মলিয়ন চোলাটোৰ উভতনি যাত্ৰাৰ শেষত ৷
য’ত ৰৈ যায় মাথোঁ
অলপ অচৰপ হাড়গিলাৰ জীৱাশ্ম ৷৷
পৃষ্ঠাঃ ২০
জীৱন
নৱজ্যোতি শইকীয়া
যোৰহাট
ফোন:৮৮৭৬১২৭২০০
মহাশয়, আপোনাৰ মই একান্ত অনুগত বাধ্য ছাত্ৰ এজন,
প্ৰত্যহ আপুনি মোক অবিৰাম কৰি আছে পাঠদান
মোক শিকাবৰ বাবেই আপুনি বহি পৰে মোৰ সপোনৰ চকীত
আৰু অনাবিল প্ৰেমেৰে শিকাই মোক আপোনাৰ দৃঢ়তাৰ পাঠ
শ্যামল পোচাক পিন্ধি আপুনি শিকাই মোক সেউজৰ পাঠ,
তেজাল পোচাক পিন্ধি আপুনি শিকাই মোক তেজৰ পাঠ,
পুনৰ আপুনি মোৰ হৃদয়ৰ ফলিত শিকাই মোক যোগ আৰু বিয়োগ
মাজে মাজে আপুনি মোৰ পৰীক্ষা লয় মোৰ উৰুখা পঁজাত,
আপোনাৰ কথা ভাবি ভাবি বিনিদ্ৰ ৰজনী
ভোকে দুখে পৰীক্ষা দিওঁ মই বেদনাৰ নীলৰঙী বহীত
আপুনিতো জানেই মই যে নকৰো নকল কিম্বা অসৎ কাম,
সেইবাবে আপুনি আলফুলে দুহাতত তুলি লয়;
চকুলোৰে সিক্ত মোৰ নীলৰঙী বহীখন
মই নুসুধিলেও আয়ে কয় আপোনাৰ অন্য নাম হেনো সংগ্ৰাম,
মই জানো আপোনাৰ পৰিচিত নাম, জীৱন।
মহাশয়, আপোনাৰ মই একান্ত অনুগত বাধ্য ছাত্ৰ এজন।
-----------------------------------------------------------------------
মই তোমাক ভাল পাওঁ
প্ৰীতিৰেখা দাস
বাংগালোৰ
অচিনা দেশৰ আছিলা তুমি
কোনোবা ৰাজকোৱঁৰ
জোনাক ৰাতিৰ বুকুবাই নামি আহিলা তুমি ৷
মোৰ সপোনৰ গোপন প্রদেশলৈ ৷
তোমাৰ ডেউকাৰ সঞ্জীৱনী ছাঁত
তোমাৰ বুকুৰ গুলপীয়া তোৰণত
মোৰ চকুৰ মৃন্ময়ী সপোনে
এন্ধাৰৰ গুহা এৰি পোহৰৰ চৰাইৰ স'তে
পাখি মেলি উৰিলে ৷
বুকু উজাৰি এজাক প্রীতিৰ মলয়া হৈ
তোমাৰ আগমন, নিজান ৰাতি
যাক মই গোপোন কৰিব নোৱাৰো নিজৰ পৰা
তোমাৰ নিশ্বাসৰ বতাহত মই ক্ৰমে সেউজীয়া হৈছো৷
উন্মাদ হৈছে বাসনাৰ নদী ৷
তোমাৰ হৃদয়ৰ গভীৰতাত
মই দেখিছো অনুভুতিৰ আকৰ
যাৰ অন্বেষণত মই বগাইছো অনেক হিমালয় ৷
স্বপ্নৰ পৰিধি ভেদি
আহিবানে তুমি দিথকৰ প্রাচীৰ ভাঙি ?
মোৰ কাষলৈ .....
আছা যে বিয়পি তুমি
মোৰ অনুভৱে অনুভৱে
মোৰ অনুৰাগে অনুৰাগে
আকাশ, নিয়ৰ, উৎপল অবিনাশ
যিয়েই নহওঁক তোমাৰ নাম
চকুত চকু থৈ মই কম তোমাক
মই তোমাক ভাল পাওঁ
মই তোমাক ভাল পাওঁ...
পৃষ্ঠাঃ ২১
হৈমন্তিক
অমৃত শইকীয়া
আঘোণ যদি আহিল হেঁতেন
ধানৰ ঠোকেৰে
দাৱনীৰ কিচ্ কিচীয়া কাঁচিত
বৰা-জহাৰ মলমলীয়া গোন্ধত
আতোল-তোল হ'ল হেঁতেন
বানে ধোৱা পথাৰ ॥
পৃষ্ঠাঃ ২৩
সপোনৰ স্তৱক
স্বপ্নালী কলিতা
গোলাঘাট
ফোন নং-৯১০১৮৪০৭৫৭
জাপি এটাই ঢাকি ধৰা আকাশ
আঙুলিৰ গাঁঠিত পানীমেটেকাৰ সুৰ
গীত এটি বৈ থাকে জুৰি হৈ...
ভৰসাবোৰ দুলি থাকে মাছ হৈ...
মাছবোৰ নাও
নাওবোৰ মাছ |
গীতবোৰ ঘামশোহা ফেঁহুজালি
ব'ঠাপাত ৰাতিৰ চকু দুযুৰি |
মাছবোৰেও জানে
নাওখন নিনাও হ'লে ,
মাটিবোৰ পানী হোৱা
আৰু পানীবোৰ তেজ হোৱাৰ
কাহিনী
প্ৰেমিকৰ ৰূপৰ ওঁঠে
চুমা এটি দিয়ে মাটিক...
মাটিৰো থাকে দুখন পাখি !
প্ৰেমিকৰ তপত ওঁঠেৰে
ৰংহীন আৰ্যা গণি গণি...।
--------------------------------------------------------------------------
এটি কিৰণ
ঈশিতা কটকী
জাঁজী জামুগুৰি
আতংকিত আজি জনতা
পলে পলে ক’ৰণাৰ কালান্তৰ ৷
আন্ধাৰ নাশি উদয় হোৱা অৰুণৰ
আজি দেখোন নতুন
কিৰণৰ সাজ৷
পুৱতিৰ পৰা ৰান্ধনী বেলিলৈ
মানুহৰ
লানি-নিছিগা সোঁত
কিন্তু
আজি দেখোন নিৰ্জন, নিস্তব্ধ প্ৰাণ...
নিৰ্জন ৰাস্তা, নিস্তব্ধ জীৱন ।
এখিলা ঐশানুৰ পাত
শুই আছে অন্তহীন ৰাস্তাৰ বিছনাত৷
ঐশানুৰ দাঁতিত থকা অমৰাৰ তলে তলে এজাক গৰুৱে
মন খুলি কৈছে নিজ মনৰ বতৰা.....
ঐশানুৰ ডাল আজি বগা৷
দূৰৈত নাহৰৰ মধুৰ সুবাস..৷
পুখুৰী পাৰত মাছ বিচাৰি থকা
মাছৰোকাজনী লাহেকৈ
দুই ডেউকা মেলি
নাইকীয়া হ’ল নীলা অন্তৰীক্ষত৷
আন্ধাৰ নামি আহিল দশোদিশে,
সকলো উভতিল নিজ গৃহে৷
বেলিটি ডুবিল
পুনৰ নতুন আশা কিৰণহৈ
উদয় হ’বলৈ...৷
পৃষ্ঠাঃ ২৪
অভিশপ্ত সন্ধ্যা
পৰিস্মিতা নাথ
নগাঁও
দবা-কাঁহ শংখৰ ধ্বনিৰে সাৰ পালে তাই
গভীৰ নিদ্ৰাৰ পৰা নহয় ,
এক অভিশপ্ত বাস্তৱৰ পৰা ।
তাইৰ সুকোমল গাদী খনৰ পৰা নহয় ,
মণিকূটৰ দেৱালৰ সিপাৰে
থকা শিলৰ শৰ্য্যাৰ পৰা ।।
ইউনিফৰ্ম যোৰক আলিঙ্গন কৰি থকা
এসোঁতা তেজে, তাইৰ চক্ষুৰ
আগত দাঙি ধৰিলে অসহ্যকৰ বাস্তৱ ।
সন্ধ্যা ক্ষণত নাচি থকা জোনাকীৰ
পোহৰত জিলিকি উঠিল
মানৱৰূপে পৰিচিত দানৱৰ
আঁচোৰবোৰ ।।
দেহত অংকিত নিষিদ্ধ আনন্দৰ
নক্সাবোৰে তাইক যেন , নিমিষতে
গ্ৰাস কৰিলে ,
এজাক ধুমুহাই উৰুৱাই
লৈ গ'ল তাইৰ জীৱনৰ কলিফুলপাহি ।
বিশ্বাসৰ কবৰ খান্দিলে
এই মহাপ্ৰলয়ে তাইৰ হৃদয়ত ।।
তাইৰ অন্তৰত এতিয়া মাথোঁ এটায়েই গান --
ক'ত সমাজ ? ক'ত সমাধান ?
ক'ত বিচাৰক ? ক'ত বিচাৰ ?
আৰু তাতে ন্যায়ে সুধি যায়
ক'ত মই ! ক'ত মই!
পৃষ্ঠাঃ ২৫
আন্তৰ্দয়
ঋকশিখা কাশ্যপ
নলবাৰী মহাবিদ্যালয়, নলবাৰী
নীলা আকাশেৰে সৰগলৈ বাট পোনাইছিলোঁ
মেঘবোৰে বিজুলী ঘনাই মাৰিছিল
সাউদৰ পুতেকেও আনফালে নাও মেলিছিল
একো এটা বিচাৰি নাপাই বাদুলি মৰা
বাটুলিৰে মেঘবোৰ নিকাইছিলোঁ ।
তেজীমলাই লাও হৈ মাহীমাকক বিনাইছিল
ঔ কুঁৱৰীয়ে মাকৰ পিছে পিছে বাগৰিছিল
চম্পাৱতীক মাহ-হালধীৰে নোৱাইছিল
ফুলকোঁৱৰে কাঠৰ ঘোঁৰাত উঠি আহিছিল
সকলোবোৰ মই সৰগৰ পৰাই চাই আছিলোঁ ।
তৰাৰ বেশত মনে বিচৰাজন আহিছিল
লক্ষ তৰাৰ মাজত তেওঁক চিনিবকে পৰা নাছিলো
অভিমান এবুকুৰে তেওঁ আঁতৰি গৈছিল
বুকুত জুই একুৰা জ্বলিছিল বিৰহ-বেদনাৰ
বিশাল শূন্যতাত মোৰ হিয়াই বিননি তুলিছিল ।
পৃষ্ঠাঃ ২৬
সপোন
বুধেন কোঁৱৰ
সপোনবোৰ এডাল মমবাতি
গলি গলি সকলো শেষ হৈ যায়
প্ৰতিবিম্বত যেন সুৰুযৰ প্ৰখৰ কিৰণ
খোজেপতি জীৱনৰ আস্ফালন ৷
মনৰ দোলনাত জ্বলিছে সপোন
ভৰি পতাৰ পৰা মূৰলৈকে…
দুভাগ ৰাতি জ্বলি জ্বলি ছাই হৈছে
হাহাকাৰ কৰিছে জোনাকীবোৰে
নি:শব্দতাৰে
জীৱনৰ জয়াল পথত
সপোনবোৰ বৰ ভয়াতুৰ
আকুলতাৰ স্বাৰ্থত
মনৰ মাজত বিদ্ৰোপৰ হাঁহি
দুচকুত ভাঁহি আহে
সপোনৰ বিদ্ৰোহৰ ক্ষুধা ৷
পৃষ্ঠাঃ ২৭
ব্যৰ্থ মোৰ জীৱন
মঞ্জুমা বৰকাকতি
জীৱনৰ বিয়লি বেলাত, পুৱাই দূৱৰি বনৰ
নিয়ৰৰ টোপালৰ দৰে পৱিত্ৰ কৰা
মোৰ মন দাপোণ ৷
অসহায় জীৱনত সৰ্বস্ব হেৰুৱাই
সীমাহীন দুখ সাগৰত সাঁতুৰি নাদুৰি
জীয়াই থকাৰ যি ব্যৰ্থ চেষ্টা চলাইছো
সি যেন ৰামধেনুৰ ৰঙৰ সপোন
ৰোমন্থন নকৰি ক'লা বগা ৰঙত
ব্যাকুল হৈ পৰোঁ ৷
কাম, ক্ৰোধ, লোভ , মোহ, দৰ্প, অহংকাৰ
সকলো চূৰ্ণ কৰি জড় পদাৰ্থত
মোক গঢ় দি চাবি ঘূৰোৱা পুতলা
এটা হোৱাৱেই মোৰ জীৱনৰ আটাইতকৈ
উত্তম সময় ৷
কাণেও নুশুনা, চকুৰেও নেদেখা,
মুখেৰেও মাত দিব নোৱাৰা,
এটা জীৱন্ত কংকাল হৈ থকাটো
মোৰ জীৱনৰ আটাইতকৈ
উত্তম উপায় আৰু মূল্যৱান সুখ ৷
পৃষ্ঠাঃ ২৮
অনুভৱঃ
লেছেৰি
অৰ্চনা শইকীয়া
জাঁজী, জামুগুৰি
মিতু কাইলৈ তুমিও আমাৰ লগত পথাৰত লেছেৰি বুটলিবলৈ ওলাবা দেই। ধনটিৰ কথা শুনি মিতুয়ে সুধিলে ঐ দাদা সেইটো আকৌ কি বস্তু? 'লেছেৰি' শব্দটো সি কেইবাবাৰো মুখৰ ভিতৰতে আওঁৰাই থাকিল। তাৰ বাবে এটা নতুন অচিনাকী শব্দ লেছেৰি।ই..ই..ই.... মিতু তুমি লেছেৰি কি সেইটো নাজানা নেকি ? ধনটিয়ে হাঁহিলে তাৰ কথা শুনি। চহৰৰ বতাহ খাই ডাঙৰ হোৱা ল'ৰা মিতু, সি কাহানিও পথাৰ গচকি পোৱা নাই। এই বাৰ স্কুলবোৰ বন্ধ হৈ আছে বাবেই কেইদিন মানৰ বাবে আইতাকৰ ঘৰত থকাকৈ আহিছে। আঘোণ মাহ, মোমায়েকৰ ঘৰৰ সকলো পথাৰত ধান চপোৱা কামত ব্যস্ত হৈ পৰিছে। সেই বাবে আজি তাক ধনটিয়ে পথাৰলৈ লগ ধৰিছে লেছেৰি বুটলিবলৈ , চেঁচু খান্দিব কিমান যে ভাল লাগিব। কিন্তু মিতুৱে যে নাজানে লেছেৰি , চেঁচু কি বস্তু। আতৰৰ পৰা ডাঙৰ মামীয়েকে সিহঁতৰ কথাবোৰ শুনি আছিল সেয়ে তেওঁ মিতুক ওচৰলৈ মাতি বুজাই দিলে যে লেছেৰি হৈছে পথাৰত দাৱনীয়ে খৰধৰকৈ ধান দাই যাওঁতে বা মুঠি বান্ধোঁতে ধানৰ থোক দুই এডাল সৰি পৰে আৰু নৰাৰ মাজত পৰি যোৱা বা ৰৈ যোৱা ধানৰ থোকবোৰক লেছেৰি বোলে আৰু বিচাৰি উলিওৱা প্ৰক্ৰিয়াক কোৱা হয় লেছেৰি বোটলা। মামীয়েকৰ কথাবোৰ সি মন দি শুনিলে আৰু সি ফুৰ্টিতে জপিয়াই উঠিল বাহঃ তেনেহ'লে সিও পথাৰলৈ যাব আৰু লেছেৰি বুটলিব ধনটিৰ লগত।
তাৰ মনৰ আনন্দ দেখি মামীয়েকৰো মনটো ভৰি পৰিল। তেওঁ ভাবিলে, মিতুৱে লেছেৰি কি নাজানে সেইটো জানো তাৰ কিবা ভুল। আমি আমাৰ সন্তান সকলক সৰুৰ পৰা পঢ়াৰ নামত কিতাপৰ বোজা এটি জাপি দি যন্ত্ৰমানৱ সৃষ্টি কৰাত ব্যস্ত হৈ পৰিছো। ক'তনো বাৰু সময় থাকে পথাৰত গৈ লেছেৰি বুটলি, চেঁচু খান্দি সময় নষ্ট কৰাৰ। অজানিতে বাৰু আমি সিহঁতৰ মুখৰ পৰা কাঢ়ি নিয়া নাই নে শৈশৱৰ ৰং-ধেমালিবোৰ আৰু নিভাজ হাঁহি বোৰ। মিতুৰ দৰে হয়তো আজি বহুতেই চিনি নাপায় "লেছেৰি" কি বস্তু।
পৃষ্ঠাঃ ২৯
অনুভৱঃ
আঘোণৰ পথাৰত কিতাপ পঢ়াৰ মাদকতা
প্ৰস্তুতি শৰ্মা
গোলাঘাট
আঘোণ মানেই সোণবৰণীয়া ধাননি পথাৰ, আঘোণ মানেই কুঁৱলীৰ সুবাস। আঘোণৰ পথাৰ মানেই দাৱনি কাচিৰ খচখচনী আৰু ৰ'বাব টেঙাৰ এটি চিনাকী গোন্ধ। সঁচাকৈয়ে আঘোণ প্ৰতিখন গাঁৱৰ বাবেই চিনাকী, আঘোণে লৈ আহে প্ৰতিজন কৃষকৰ জীৱনলৈ হাঁহিৰ সঁফুৰা।
সৰুহৈ থাকোঁতে পথাৰত ৰ'দ লৈ কিতাপ পঢ়াৰ মাদকতা আছিল সুকীয়া। বিশেষকৈ বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাছ দিনা বাহিৰা কিতাপ পঢ়ো। বিশেষকৈ আলোচনী । পুৱা যেতিয়া কুঁৱলীৰ ফাঁকেৰে শীতৰ ৰ'দ জাক ওলাই আহে দৌৰি যাওঁ পথাৰলৈ। তেনেকুৱাতে আইতাই হাতত লৈ অনা জলপানৰ বাতিটোলৈ এটিয়াও মনত পৰি যায়।
এতিয়া ডাঙৰ হ'লো বন্ধবোৰো আগৰ দৰে নাই , সময়ো সলনি হ'ল, চাওঁতে চাওঁতে আঘোণৰ পথাৰত বহি কিতাপ পঢ়িবলৈ সময়ৰ অভাৱ হ'ল। কলেজ ,টিউচন গান নাচ আদিৰ লগত লাগোতেই চিনাকী পথাৰ বোৰো অচিনাকী যেন লগা হ'ল। তথাপিও ১২বছৰ আঘোণৰ পথাৰত বহি কিতাপ পঢ়াৰ মধুৰ সময়বোৰ কেতিয়াও পাহৰিব নোৱাৰি। এতিয়াও কলেজৰ পৰা গাড়ীত গৈ থাকোঁতে আঘোণৰ পথাৰবোৰ দেখিলে মনতো উৰি যায় অতীতলৈ। সময়ক কেতিয়াবা ক'ব মন যায় "ৰৈ যা সময়," কাঢ়ি নিনিবি মোৰ শৈশৱৰ মাদকতা বোৰ।
পৃষ্ঠাঃ ৩০
নিৱন্ধঃ
মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিত্ব আৰু কৃতিত্ব
(29 নৱেম্বৰ মৃত্যু তিথি উপলক্ষে )
বন্দিতা শৰ্মা
দেৰগাঁও
অসমীয়া ভাষা সাহিত্যৰ নভোমণ্ডলৰ এটি প্ৰোজ্জ্বল নক্ষত্ৰ সদৃশ, ভাৰতীয় সাহিত্য জগতৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা বিজয়ী ,মানৱদৰদী, গভীৰ ব্যক্তিত্বৰ অধিকাৰী মামণি ৰয়ছম গোস্বামীৰ জন্ম হৈছিল 1942 চনৰ 14 নৱেম্বৰত। বিশিষ্ট শিক্ষাবিদ উমাকান্ত গোস্বামী আৰু অম্বিকা দেৱীৰ কন্যা মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম ইন্দিৰা গোস্বামী । কামৰূপ জিলাৰ আমৰংগা সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা মামণি বাইদেউৱে সৰ্বস্তৰৰ মানুহৰ মমত্ববোধ উপলব্ধি কৰিব পাৰিছিল।তেঁৱেই হ'ল অসমৰ তথা উত্তৰ পূৱ ভাৰতৰ প্ৰথম গৰাকী মহিলা সাহিত্যিক যি গৰাকীয়ে জ্ঞান পীঠৰ দৰে বিৰল সন্মানৰ অধিকাৰী হ'বৰ যোগ্যতা অৰ্জন কৰিছিল ।তেওঁ কেৱল অসমবাসীৰে গৌৰৱ নহয় বৈবাহিক সূত্ৰে কৰ্ণাটকৰ বোৱাৰী হোৱাৰ বাবে কানাড়ী সমাজেও তেওঁক তেওঁলোকৰ অষ্টম গৰাকী 'জ্ঞানপীঠ' বিজয়িনী বুলি গৌৰৱ অনুভৱ কৰে । স্বকীয় প্ৰতিভা আৰু অদম্য সাহসেৰে সাহিত্য জগতত প্ৰেম আৰু মানৱতাৰ জয়গান গাই অসমীয়া জাতিটোক বিশ্বদৰবাৰত পৰিচয় কৰাই দিয়া মামণি ৰয়ছম গোস্বামী উত্তৰ পুৰুষৰ বাবে এক মহৎ অনুপ্ৰেৰণা ,সাহস, ত্যাগ, আদৰ্শ আৰু ধৈৰ্য্যৰ প্ৰতীক ।
সাহিত্যৰ ক্ষেত্ৰত সৰ্বাধিক খ্যাতি লাভ কৰা সাহিত্যিক গৰাকীয়ে 1950 চনত লতাশিল প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱনৰ পাতনি মেলি শ্বিলঙৰ 'পাইন মাউণ্ট' স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি 1957 চনত গুৱাহাটী তাৰিণীচৰণ চৌধুৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নাম ভৰ্তি কৰিছিল ।1964 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গৱেষণাৰ কামত অগ্ৰসৰ হয় । 1965 চনৰ অক্টোবৰ মাহত মহীশূৰৰ মাধৱেন ৰয়ছম আয়েঙ্গাৰৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি যুগ্ম জীৱনৰ পাতনি মেলিছিল যদিও 1967 চনৰ 15 এপ্ৰিলত কাশ্মীৰত সংঘটিত এক জীপ গাড়ীৰ দুৰ্ঘটনাত আয়েঙ্গাৰৰ মৃত্যু হয়। জীৱনৰ এনে বিষাদময় অৱস্থাৰ উপশম পাবলৈ তেওঁ সাহিত্যক আশ্ৰয়স্থল কৰি লৈছিল । প্ৰজ্ঞাৰ সাধক গৰাকীৰ কাপ মৈলামেৰে নিগৰিছিল ন ন বিনন্দীয়া সৃষ্টি। তেখেতৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি বিশ্ব দৰবাৰত ভাষা-সাহিত্যৰ পৰিচয়ৰে অগাধ পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছিল ।
1968 চনত মামনি বাইদেউৱে গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষয়িত্ৰী ৰূপে কৰ্মজীৱন আৰম্ভ কৰে আৰু 1969 চনত গৱেষণাৰ বাবে বৃন্দাবন লৈ যায় ।1971 চনৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা সাহিত্য বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা ৰূপে নিযুক্তি লাভ কৰি শেষত বিভাগীয় মুৰব্বী হিচাপে দায়িত্ব পালন কৰি অৱসৰ লয় ।1973 চনত ''তুলসী দাসৰ ৰামচৰিত মানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণঃ এটি তুলনামূলক অধ্যয়ন'' শীৰ্ষক বিষয়ত অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে । 2000 চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ডি লিট ডিগ্ৰী লাভ কৰে ।
ৰূপে গুণে সমতুল মামনি বাইদেউৰ অসাধাৰণ ব্যক্তিত্ব আৰু কৃতিত্বই জনগণক মুগ্ধ কৰি ৰাখিছে । তেওঁৰ অসাধাৰণত্ব প্ৰকাশ পাইছিল যেতিয়া 1968 চনৰ 'নীলাচল' ৰ সম্পাদক হোমেন বৰগোহাঞিৰ অনুৰোধ মৰ্মে আত্মজীৱনী লিখি সাপ্তাহিক কাকত খনত প্ৰকাশ পাইছিল । বিশিষ্ট সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত 'নতুন অসমীয়া' কাকতৰ জৰিয়তে মাত্ৰ 13 বছৰ বয়সতে সাহিত্যৰ জগতত খোজ পেলোৱা মামনি বাইদেউৰ প্ৰথম গল্প সংকলন ''চিনাকি মৰম '' প্ৰকাশ পাইছিল 1962 চনত ।বাইদেউৰ কলমে জিৰণি লোৱা নাছিল, 'কইনা','মামণি ৰয়ছমৰ নিৰ্বাচিত গল্প ','মামণি ৰয়ছমৰ প্ৰিয় গল্প ',চেনাবৰ স্ৰোত, নীলকণ্ঠ ব্ৰজ, অহিৰণ, ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, ছিন্নমস্তাৰ মানুহটো, মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস আদি উপন্যাসৰ উপৰিও জীৱনীমূলক গ্ৰন্থ, অনুবাদ গ্ৰন্থ, গৱেষণা গ্ৰন্থ, সম্পাদনা কৰা গ্ৰন্থ, কেইবাখনো ইংৰাজী গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা ৰচনা সমূহ ইংৰাজী, হিন্দী, নেপালী, তেলুগু, কানাড়ী, বাঙালী, মাৰাঠী ভাষালৈও অনুদিত হৈছে । বিভিন্ন ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত ভাগ লৈ, বঁটা -সন্মান অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল । এক বিচিত্ৰ -বৰ্ণিল জীৱনৰ অধিকাৰী মামণি বাইদেউৱে 2011 চনৰ 29 নৱেম্বৰত জীৱন নাটৰ সামৰণি মাৰি লেখন স্পৃহা, ধৈৰ্য্য আৰু সাহসেৰে দেখুৱাই যোৱা জীৱনাদৰ্শ যুগে যুগে নাৰী সমাজৰ প্ৰেৰণাৰ উৎস হৈ ৰ'ব।
পৃষ্ঠাঃ ৩১
গ্ৰন্থ পৰ্যালোচনাঃ
গ্ৰন্থৰ নামঃ দেওলাংখুই
লেখকঃ ৰীতা চৌধুৰী
প্ৰকাশকঃ জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী
প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী,২০০৫
বেটুপাতঃ প্ৰদীপ নাথ
মূল্যঃ ১৪০ টকা
অসমীয়া উপন্যাস সাহিত্যত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰীতা চৌধুৰীৰ এখন অনবদ্য উপন্যাস "দেওলাংখুই"। যিখনে ২০০৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
" দেওলাংখুই" শব্দটো তিৱা শব্দ, অৰ্থ হৈছে "দৈৱ তৰোৱাল বা দেওলগা তৰোৱাল"। উপন্যাস খন জনশ্ৰুতি মূলক হ'লেও অসম বুৰঞ্জীৰ উপাদানে ঠাহ খাই আছে। চতুৰ্দশ-পঞ্চদশ শতিকাৰ অসমৰ তিৱা সমাজ আৰু তিৱা ৰজাৰ জীৱন গাথা উপন্যাস খনৰ ঘাই বিষয় আৰু পটভূমি। প্ৰতাপচন্দ্ৰ, আৰিমত্ত আৰু জোঙালবলহু এই তিনি পুৰুষলৈ উপন্যাসৰ কাহিনী ভাগ বিস্তৃত। গ্ৰন্থখনত আছে নাৰীৰ বিভিন্ন ৰূপৰ চিত্ৰণ। চন্দ্ৰপ্ৰভা, সোণজিৰা, গংগাৱতী, ৰত্নাৱতী, সুকুমলা প্ৰত্যেকটো নাৰী চৰিত্ৰই নিজা বৈশিষ্ট্যৰে উজ্জ্বল। ক্ষত্ৰিয় ৰজা প্ৰতাপচন্দ্ৰৰ ৰাজ্য জয়ৰ উন্মাদনা, স্ত্ৰী চন্দ্ৰপ্ৰভাৰ ওপৰত অধিকাৰ প্ৰকাশৰ অহংকাৰ এই ভেটিটেই ৰোপণ হৈছে গ্ৰন্থখনৰ মূল বীজ। ৰজা প্ৰতাপচন্দ্ৰৰ আৰ্যৰ অহংকাৰে জীৱনলৈ কঢ়িয়াই অনা বিপৰ্য্যয়ে উপন্যাস খনৰ প্ৰতিটো চৰিত্ৰকে যন্ত্ৰণাময় কৰি তুলিছে। এই অহংকাৰৰ ফল ভোগ কৰিছে চন্দ্ৰপ্ৰভা, সাধুকুমাৰ, গংগাৱতী, আৰিমত্ত, ৰত্নসিংহ, ৰত্নাৱলী জকাংক সকলোৱে।
প্ৰতাপসিংহই পুত্ৰ আৰিমত্ত হাতত প্ৰাণ ত্যাগ কৰিছিল। যুদ্ধত আৰিমত্তৰ অস্ত্ৰৰ আঘাতত জ্ঞান হেৰুৱাৰ আগতেহে প্ৰতাপচন্দ্ৰই নিজৰ পুত্ৰৰ পৰিচয় পাইছিল। জাংকাক অৰ্থাৎ জোঙালবলহুৱে মাতৃ গংগাৱতীৰ কথা অমান্য কৰি পশ্চিমৰ ৰাজ্য আক্ৰমণ কৰি অজানিতে পিতৃ আৰিমত্তক হত্যা কৰিছিল। তেতিয়া গংগাৱতীয়ে পুত্ৰক শাও দিছিল-" যি অস্ত্ৰৰে তই এনে কাম কৰিছ সেই অস্ত্ৰই তই বিপদ কালত নাপাবি। এই পাপী হাত দুখনেৰে মৰণকালত তই পানী খাবলৈ নাপাবি। গো মুখে পানী খাই তোৰ মৃত্যু হ'ব।"
ৰাজনৈতিক উদ্দেশ্যৰে অনুষ্ঠিত হোৱা জোঙালবলহু আৰু সুকুমলাৰৰ বিবাহৰ ফলস্বৰূপে বডোচাৰ লগত জোঙালবলহুৱে আপোন সমন্ধ স্থাপন কৰিছিল। কিন্তু প্ৰতাপচন্দ্ৰ ৰজাৰ দিনৰে পৰা যি অধিকাৰৰ স্বপ্ন পুহি ৰাখিছিল সেই স্বপ্ন অৱশেষত বডোচাই জীয়েক সুকুমলাৰ সহায়ত পূৰণ কৰিছিল। সুকুমলাই এটা ডাঙৰ ৰাঘ বৰালিৰ পেটত "দেওলাংখুই"খন সুমুৱাই কছাৰী ৰজালৈ প্ৰেৰণ কৰিছিল। আৰু বীৰ জোঙালবলহুৱে বডোচাৰ সৈন্যৰ হাতত প্ৰাণ হেৰুৱাইছিল।
ইতিহাসৰ সাক্ষী ঃ ইতিহাসে আজিও জোঙালবলহুৰ বীৰত্বৰ কাহিনী সোঁৱৰাই নগাঁও-গুৱাহাটী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পশ্চিমলৈ জোঙালবলহু গড় অৱস্থিত হৈ আছে। কামৰূপ জিলাৰ ৰঙিয়াৰ ওচৰৰ বেতনাত আৰিমত্তৰ ৰাজধানী বৰ্তমানেও বৈদ্যগড় ৰূপে জনা যায়।
জোনবিল মেলাই বৰ্তমানে আগৰ সজীৱতা হেৰুৱাইছে যদিও পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ কথা প্ৰতিবছৰে সোঁৱৰাই আছে।
আমচৈ অঞ্চলত জোঙালবলহুৱে পূজা দিয়া মা বসুন্ধৰীৰ থান, জাগীৰোড পোৱাৰ আগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত মহা দেওশাল বৰ্তমানেও ৰাইজৰ ভক্তিৰ স্থল।
ঐতিহাসিক পটভূমিত ৰচিত উপন্যাস খনৰ যে এক চিৰন্তন সত্যতা আছে, সেয়া আপোনালোকে কিতাপখন পঢ়িলে নিজেই গম পাব। এটি সামান্য লেখাৰে উপন্যাস খনৰ সম্পূৰ্ণ পৰ্যালোচনা অসম্ভৱ। সামান্যভাৱে আলোচনা কৰি পাঠকক মাত্ৰ অনুসন্ধিৎসু কৰা হৈছে। যাতে কিতাপ খন পঢ়িবলৈ পাঠকৰ আগ্ৰহ জন্মে।
শেষত ইমান এখন ধুনীয়া উপন্যাস অসমীয়া সমাজলৈ আগবঢ়াই দিয়াৰ বাবে ৰীতা চৌধুৰী বাইদেউক ধন্যবাদ।
প্লাবিতা মহন্ত
তিতাবৰ, যোৰহাট
ফোনঃ 6002083490
পৃষ্ঠাঃ ৩২
মোৰ ভ্রমণ ডায়েৰী - ৮ঃ
7 ঔণ্ডাৰ পাৰ্ক, কোটা
শর্মীষ্ঠা বর্মন
'চাৰভূজা' মন্দিৰ দেখুৱাই অনাৰ পাছত ভাইটীয়ে আমাক 'কোটা'লৈ লৈ গ'ল ৷
'কোটা' চহৰখন 'কোছিঙ'ৰ বাবে বিখ্যাত ৷ দেশৰ চুকে কোণে থকা ছাত্র-ছাত্রী ইয়ালৈ আহি 'কোছিং' লয় ৷
ভাইটীয়ে আমাক 'কোটা'ৰ 7 Wonders Park খনলৈ লৈ গ'ল ৷ এই পার্কখন 'কিশোৰ সাগৰ' নামৰ সৰোবৰৰ কাষত অৱস্থিত ৷ পার্কখনৰ দুৱাৰ মুখত থকা টিকট ঘৰটোৰ পৰা টিকট ল'লো ৷ টিকটৰ দাম বৰ সস্তা আছিল ৷
পার্কখনৰ ভিতৰলৈ সোমাই দেখিলোঁ এফালৰ পৰা বিশ্বৰ সাতোটা আশ্চর্য্যৰ নিখুঁত 'মডেল' নির্মাণ কৰি থোৱা আছে ৷ প্রথমতে দেখিলো ৰোমৰ Colosseum, তাৰ পাছত Great Pyramid Of Giza,
তাৰ পাছত ভাৰতৰ তাজমহল, তাৰ পাছত দেখিলোঁ নিউয়র্কৰ Statue Of Liberty, তাৰ পাছত ইটালীৰ Leaning Tower Of Pisa, ইয়াৰ পাছত দেখা পালোঁ পেৰিছৰ Eiffel Tower আৰু অৱশেষত দেখা পালোঁ ব্রাজিলৰ Christ The Redeemer
বিশ্বৰ সপ্ত আশ্চর্যক একেলগে একেঠাইতে অতি কম সময়ৰ ভিতৰত চাবলৈ পাই আমাৰ যে আনন্দৰ সীমা নোহোৱা হৈছিল ৷ বিশেষকৈ আমাৰ ল'ৰা-ছোৱালীহালে বিশ্বৰ সপ্ত আশ্চর্যক একেলগে দেখি বৰকৈ উপভোগ কৰিলে ৷ আমাৰ এনে লাগিল যেন আমি একেলগে সাতখন দেশ হে ভ্রমণ কৰিলোঁ ৷ সাতোটা আশ্চর্য্যৰ 'মডেল'ৰ মাজে মাজে ভ্রমণকাৰীসকলৰ বাবে জিৰণি লোৱাৰ সুবিধার্থে বহিবলৈ আসন সজোৱা আছিল ৷ আমি মাজে সময়ে সেই আসনসমূহত বহিছিলোঁ ৷ গোটেই পার্কখনৰ কাষে কাষে মন সতেজ আৰু উৎফুল্লিত কৰিব পৰা সেউজীয়া গছ-গছনিৰ লগতে সেউজীয়া ঘাঁহনি আছিল ৷ সন্ধ্যা পাৰ হৈ তেতিয়া ৰাতি হ'ব ধৰিছিল ৷ সেইবাবে ৰাতিৰ এন্ধাৰ আঁতৰ কৰিবলৈ চাৰিওফালে লাইটবোৰ জ্বলাই পৰিৱেশ পোহৰ কৰি তোলা হৈছিল ৷ লাইটৰ পোহৰত 'কিশোৰ সাগৰ' সৰোবৰৰ পানী জিলিকি উঠিছিল ৷ এনে মনোৰম দৃশ্য দেখি আমাৰ মনবোৰ পুলকিত হৈ উঠিছিল ৷ পুলকিত মনবোৰ লৈ আমি লাহে লাহে ঘৰলৈ উভতিলোঁ ৷
পিছদিনা গধূলি আমি ৰেলেৰে দিল্লীৰ ঘৰ অভিমুখে ৰাওনা হ'লোঁ ৷
পৃষ্ঠাঃ ৩৩
নীলা খামৰ চিঠিঃ
মৰমৰ
আশাকৰোঁ ভালে আছা । জানানে আজি বহুত দিনৰ মূৰত মোৰ মন বীথিকাত অবুজ উন্মাদনাৰ ঢৌবোৰে গৰ্জনমুখৰ হৈ হৃদয়খন আকৌ অশান্ত সমুদ্ৰলৈ ৰূপান্তৰ কৰিছে । দিগন্তৰ সিপাৰ হৈ পাখি মেলি উৰি গৈছে মন। অতীতৰ পৰা অতীতলৈ ! অজস্ৰ যন্ত্ৰণাৰ অণু-পৰমাণুৰ শূন্যতাবোৰৰ পৰা নিজকে মুক্ত কৰিবলৈ তোমাৰ সৈতে কটোৱা মধুৰ ক্ষণবোৰ ৰোমন্থন কৰিছোঁ আৰু তোমালৈ লিখিবলৈ লৈছোঁ একাজলি মৰমৰ স্বাক্ষৰ । অনাদৰ নকৰা যেন...
বহুযুগৰ পৰা তোমালৈ বুলি বুকুৰ বৰপেৰাত সাঁচি ৰখা সেউজবুলীয়া মৰমবোৰ প্ৰথমে গ্ৰহণ কৰিবা । সিদিনাৰ তাৰিখ, বাৰ কি আছিল ভালদৰে মনত নাই ,কিন্তু সময়খিনি ভালদৰে মনত আছে । তোমাৰ হৃদয়ত তেতিয়া কেনেকুৱা অনুভৱ হৈছিল মই নাজানো। কিন্তু মোৰ গাৰ জবাফুলীয়া আঁচলখন এজাক অঘৰী বতাহে কোবাই থৈ গৈছিল । মোৰ মন সাগৰখন তোলপাৰ কৰি গৈছিল ভালপোৱাৰ এজাৰবুলীয়া হৃদয়ৰ গানে আৰু গোটেই শৰীৰটোত বিদ্যুত বেগেৰে কিবা এটা পাৰ হৈ তেজবোৰ তপত কৰি থৈ গৈছিল । বুকুখন ঘন ঘনকৈ কপিবলৈ ধৰিছিল আৰু ...তুমি বাৰু মোৰ হৃদযন্ত্ৰৰ শব্দ শুনা পাইছিলানে ? আৰু তোমাৰ বাৰু মোৰ দৰে একে অনুভৱ হৈছিল নে ? যদি হৈছিল ইয়াৰ নাম বাৰু কি আছিল ?
সেইদিনা কথাবোৰ লাজতে কোৱা নহ'ল । তুমিতো ক'ব পাৰিলাহেঁতেন। কিন্তু তোমাৰ যে লাজটো মোতকৈয়ো বেছি।এতিয়া কথাবোৰ মনত পৰি কিবা এটা হাঁহি উঠি গৈছে জানা। কথাবোৰ যে তোমাক কোনোদিন নোকোৱাকৈ থাকি যাব ভাবিবই পৰা নাছিলোঁ। কিন্তু কি কৰিবা ই যে সময়ৰ আহ্বান।
বহুত দিনৰ পৰা কথাবোৰে অসহ্য যন্ত্ৰণাৰ পোক হৈ মোৰ বুকুখন কুৰুকি কুৰুকি খাব ধৰিছিল । মই আৰু হৃদয়ৰ ভাৰ গ্ৰহণ কৰিব পৰা নাছিলোঁ । সেয়েহে অশান্ত মনটোক শান্ত কৰিবলৈ আকৌ এবাৰ তোমাক বাছি ললোঁ। তুমি আমনি নোপোৱা বুলি জানো কাৰণে। আজিলৈ আৰু বিশেষ নিলিখোঁ। বেলি লহিয়াবৰে হ'ল। তুমি অকণমান জিৰণি লোৱাগৈ। মোৰো ভালে কেইটা কাম কৰিব লগা আছে। শেষত পুনৰ বহুত মৰমেৰে।
মায়াশ্ৰী বড়া
প্ৰথম ষান্মাষিক অসমীয়া বিভাগ।
কটন বিশ্ববিদ্যালয়।
পৃষ্ঠাঃ ৩৪
অণুবাদ গল্পঃ
ভাৰাটে বৃত্তান্ত
মূল বাংলাঃ সুজয় চক্রবর্তী
অনুবাদ-বাসুদেব দাস
(১)
-বুলু,
-কোৱা।
-সংসাৰ যে আৰু নচলে। মোৰ ভৰি কেতিয়া ঠিক হ'ব ক'ব নোৱাৰো। দুটা সৰু লৰা-ছোৱালী চকুৰ ওচৰত…।
-সকলো বুজিছোঁ, মই কি কৰিব পাৰোঁ কোৱা, লেখা পঢ়া কৰা নাই, হাতৰ কামও শিকা নাই…
-শুনা। তোমাৰ দেহাটোতো আছে ।
-কি ? সকলো বিক্রি কৰি দিছোঁ, শেষত ইজ্জতও দিব লাগিব!
-শুনা, তোমাৰ দেহা য'ৰ ত'ৰেই থাকিব। এই যেনে ঘৰ ভাৰা দিয়ে, তেনেকৈ…
-তুমি এনে কথা ক'ব পাৰিলা !
-মই বাধ্য হৈ কৈছোঁ, বুলু।
(২)
আগত যেতিয়া নতুন আছিল ,খৰিদ্দাৰ কম আহিছিল। এতিয়া তিনি টাইম বুলুৰ খৰিদ্দাৰ।
সংসাৰৰ অবস্থা আগত কৈ ভাল হৈছে। গিৰিয়েকৰ ভৰিও ভাল হৈ গৈছে। বুলুৰ নিজৰ চেহাৰাত এটা উজ্জলতা আহিছে। সৰু ল'ৰা-ছোৱালী দুটাও ভুকত নাকান্দে।
(৩)
-বুলু,
-কোৱা।
-সংসাৰৰ অভাৱ দূৰ হৈছে। মোৰ ভৰিও এতিয়া ভাল হৈ গৈছে। তুমি সেইবোৰ এৰি দিয়া। মই কালিৰ পৰা কামলৈ যাম।
বুলুয়ে কোনো উত্তৰ নিদিয়ে।পিঠি দি শুই থাকে।
-ঠিক আছে নে ? কোনো খৰিদ্দাৰক আৰু ঘৰত সোমাব নিদিবা।…
কি হ'ল কথা কোৱা নাই যে ? বুলু চিৎ হৈ শুলে। মুখত কথা ওলাল।
-যি ঘৰ এবাৰ ভাৰাত দিয়া হয়, সেয়া খালি হ'লে ভাৰাটীয়া বিচাৰি বিচাৰি আহি যায়।
পৃষ্ঠাঃ ৩৫
গল্পঃ
পৰিচয়
ইলা চেতিয়া
শিৱসাগৰ
পদূলি মুখতে বিজিতে চাইকেলৰ টিলিঙাটো কিৰিঙ কিৰিঙকৈ বজাই দিয়ে। বাহৰ পৰা ওলোৱা চৰাইজনীৰ দৰে বুলবুলি ভূৰুঙকৈ ওলাই নঙলামুখ পায়গৈ। যাওঁতে বিশেষ সুৰ এটা লগাই চিঞৰি যায়।
: অ' মা, দে'তা পালেহি ,দে'তা পালেহি।
চিঞৰটো মাৰিয়েই তাই পদূলি মুখলৈ দৌৰ মাৰে। দেউতাকৰ পৰা চাইকেলখন তাই কাঢ়ি লোৱাদি লয় আৰু দীঘল পদূলিটোৰ পৰা ঘৰৰ বাৰান্দালৈকে এইছোৱা তাই হাফ পেদেল মাৰি মাৰি আহে।তাই পৰে বুলি দেউতাকে চাইকেলৰ কেৰিয়াৰত টানকৈ ধৰি ধৰি আহে। তাই তাতো বাধা দিয়ে ।
: এৰি দিয়কচোন দে'তা। মই পাৰোঁ নহয় চলাব ।
তথাপিও বিজিতে এৰি নিদিয়ে। জানোচা তাই পৰে। চোতালখনতে দুপাকমান মাৰিহে তাই শান্তি পায়। মাক বকুলীয়ে তাইক মৃদু ধমক লগায়। এনেদৰে সদায় তাই দেউতাক অফিচৰ পৰা অহাৰ সময়লৈ বাট চাই থাকে। অহাৰ লগে লগে চাইকেলখন চলাবলৈ তৰণি নাইকিয়া কৰে।
:এৰিছনে বুলবুলি। দে'তা ভাগৰে জোগৰে আহিছে দেখা নাই?
এইবুলি বকুলী চোতাললৈ ওলাই আহি বজাৰৰ বেগটো হাতত লৈ ভিতৰ সোমাই যায়। লগে লগে বিজিতকো কৈ যায়।
:আপুনি কানি কাপোৰ সলাই হাত মুখ ধুই আহক। মই খোৱাৰ যোগাৰ কৰোঁগৈ।
বিজিতে পেণ্টৰ জেপৰ পৰা মাকে নেদেখাকৈ মিক্সাৰ চানাৰ টোপোলাটো আৰু চিপচ্ এপেকেট উলিয়াই দিয়ে। তাই পদূলিৰ নঙলা দালতে বহি বহি খায়।
:ভিতৰত নেমেলিবিগৈ। ইয়াতে শেষ কৰ। মাৰে এইবোৰ খোৱা দেখিলে দিব মজা।
কথাষাৰ কৈ বিজিত ভিতৰ সোমালৈ যায়। এইবোৰ বস্তু খোৱাটো
বেয়া বুলি বিজিতেও জানে তথাপি জীয়েকৰ মৰমত অন্ধ হৈ তাইক আনি দিয়ে। এই কথালৈ বাপেক জীয়েক দুয়ো বকুলীৰ গালি শুনে।
কাপোৰ কেইটা সলাই মুখ,হাত ,ভৰি ভালকৈ ধুই বাৰান্দাতে চকী এখনত বহেহি। বকুলীয়ে তালৈকে জলপানৰ বাটিটো চাহ একাপৰ সৈতে আনি সৰু টেবুল খনতে থৈ বকুলী ভিতৰলৈ সোমায়। সন্ধ্যা লাগিবৰ হ'লেই।
ভিতৰত ভালেমান কাম পৰি আছে। জলপান খাই খাই বিজিতে জীয়েকলৈ চাই আপোন পাহৰা হয়। এইজনী আছে বুলিহে ঘৰখন ঘৰ যেন লগা হৈছে। নহ'লে উদং মানুহ হালে কাৰ মুখ চাই থাকিলহেঁতেন। এৰা বুলবুলিয়ে সিহঁতৰ নীৰস জীৱনটো জীপাল কৰি তুলিলে। বকুলীজনী প্ৰাণহীন প্ৰতিমাৰ দৰেই হৈ পৰিছিল।কত ডাক্তৰ কবিৰাজ, কত জ্যোতিষী ,পূজা পাতল, নামঘৰে মন্দিৰে শৰাই সঁফুৰা আগবঢ়ালে সীমাসংখ্যা নাই। ৰীমাই যেন মৰুভূমিৰ মাজত তৃষ্ণাতুৰ হৈ ঘূৰি ফুৰা বকুলীক এটুপি পানীহে দিলে ! নিজৰ জীৱনৰ বিনিময়ত আন এজনী ৰীমাক সঁপি থৈ গ'ল বকুলীক । লহপহকৈ বাঢ়ি অহা বুলবুলি এতিয়া দহ বছৰীয়া।
বাৰান্দাৰ পৰাই মন কৰিলে বিজিতে। পদূলিমুখৰ নঙলাত ওলোমা বাদুলিজনী হৈ থকা বুলবুলিৰ ওচৰত সেইটো বীৰেণ ঠিকাদাৰৰ পুতেক সীমান্ত। কি কৰিছে তাইৰ ওচৰত ? বয়সৰ জোখেৰেও সি বুলবুলিতকৈ বহুত ডাঙৰ।কলেজত পঢ়ি আছে। কি কথা থাকিব পাৰে তাৰ বুলবুলিৰ লগত ? বিজিতৰ উচপিচ লাগিল। সি দেখোন তাইৰ গালখনত ধৰি চিকুটি দিছে! বুলবুলিয়ে আস্ বুলি চিঞৰ এটা মাৰি হাঁহি হাঁহি গালখন মোহাৰি আছে। সীমান্তৰ চাৱনিটোও বিজিতৰ কিবা ভাল লগা নাই। ৰৈ থাকিব নোৱাৰিলে বিজিতে। চিঞৰি উঠিল।
:বুলবুলি ,মাৰে ভিতৰৰ পৰা মাতি আছে শুনা নাই ? গধূলি হ'ল ভিতৰলৈ আহ। নহ'লে মাৰে দিব আকৌ দুচাটমান।
বকুলীলৈ ভয় কৰে তাই। কেতিয়াবা অনীতি কৰিলে দিয়েও দুই চাৰিচাট বকুলীয়ে।
:গৈছোঁ দে'তা । সীমান্ত দা য'ক দেই।
বুলবুলি ভিতৰ সোমাই আহিল। বিজিতৰ মনটো গধূৰ হৈ পৰিল। ইয়াৰ মানে সীমান্তৰ লক্ষণ বোৰ ভাল নেদেখিলে সি। বকুলীক অলপ চকু ৰাখিবলৈ ক'ব লাগিব। নহ'লে কেতিয়াবা ডাঙৰ বিপৰ্যয় ঘটিব।
বাহিৰতে খন্তেক মৌন হৈ বহি ৰ'ল বিজিত। আলিবাটেদি অহা-যোৱা কৰাৰ মানুহৰ আলেখ লেখ চাই বহি বহি দিনটোৰ ভাগৰ মাৰে।কানিমুনি বেলিকা বিছনাত পৰি জিৰাবলৈ বকুলীয়ে নিদিয়ে। সন্ধ্যা লাগি ভগাৰ পিছতহে ভাত হয় মানে সেইকণ সময় টি,ভি,টোকে সৰুকৈ লগাই বাতৰিটোকে চায় টোপনীয়াই টোপনীয়াই। বাৰান্দাত বহি থাকোঁতেই ভিতৰত মাক জীয়েকে গোঁসাই ঘৰত চাকি জ্বলাই প্ৰাৰ্থনা গালেই। সিও চকুযোৰ মুদি প্ৰাৰ্থনাৰ সুৰতে মগ্ন হৈ পৰিল।
টোপনিৰ জালত বৰশীৰ চিপটো জপককৈ মাৰোতেই বকুলীৰ মাতত খকমককৈ সাৰ পালে বিজিতে।
: হেৰি, ভিতৰলৈ আহি বিছনাতে অলপ জিৰণি লওকহি আকৌ টোপনি ধৰিছে যদি। মই বুলবুলিক গাখীৰকণ খাবলৈ দি পঢ়া টেবুলত বহুৱাই ভাতত লাগোগৈ। নহ'লে সেইজনীয়ে ভাত নোখোৱাকৈ শুই থাকিব। দিনটো অলপ চটচটাই থাকে নেকি তাই।
:অ' যোৱা। মই বাহিৰতে বহোঁ অলপ। বৰ ধুনীয়া বতাহ এজাক মাৰি আছে। ভিতৰৰ ফেনৰ হাৱাতকৈ ইয়াতেই ভাল লাগিছে। আৰু শুনাচোন।ঠিকাদাৰৰ পুতেক সীমান্ত আমাৰ ঘৰলৈ আহে নেকি কেতিয়াবা ? বৰকৈ লাই নিদিবা তাক। তাৰ লক্ষণ বোৰ মই বৰ ভাল দেখা নাই।বুলবুলিক নজৰত ৰাখিবা। দেখিছাই দিন কালৰ গতি। অতীতক মই এতিয়াও পাহৰা নাই। এবাৰ সাপে খালে নেগুলৈকো ভয়।
গভীৰ হুমুনিয়াহ এটা এৰিলে বিজিতে। বকুলীয়ে বুজি পায় নিজৰ মানুহটোক । কিমান দুখ তেওঁ বুকুত সাঁচি ৰাখিছে তাই নুবুজাকৈ আছেনে!
:নাই নাহে। বাটে পথে লগ পালে তাইক ভালদৰে মাতে, পঢ়াৰ কথা সুধে, ইমানেই। আপুনি সেইবোৰ চিন্তা নকৰিব। মই আছোঁ। অতীতৰ কথা ময়ো পাহৰা নাই।
বকুলী সোমাই গ'ল। বিজিত পুনৰ ভাৱত বিভোল হ'ল।বুকুখন গধুৰ হৈ পৰিল। এনে এটা দিনতেই ভনীয়েক জনীৰ বুকুৰ পৰা বুলবুলিক নিজৰ বুকুলৈ আনিছিল। একমাত্ৰ মৰমৰ ভনীয়েক জনীৰ প্ৰচ্ছায়া বুলবুলি । সেই সময়ত ভনীয়েকৰ কাতৰ চকুহালে আজিও তাক দহি থাকে। বুকুৰ সন্তান আনক এৰি দিব লগা বেদনাতকৈ দুঃসহ বেদনা আৰু আছে জানো ? তাকো চিৰদিনলৈ! যন্ত্ৰণাকাতৰ দেহ আৰু মনেৰে ,দুচকুত অপাৰ চকুলো বোৱাই সেহাই সেহাই জীৱনৰ শেষ সময়ত কোৱা ৰীমাৰ কথাকেইষাৰে তাক বহুদিন শুবলৈ নিদিলে। চকু মুদিলেই ৰীমাৰ যন্ত্ৰণাক্লিষ্ট মুখখনে তাক আমনি কৰে। কন্দুৱাই পাৰেমানে।
:ককাইদেউ, কণমানিজনীকে মই বুলি ভাবিবি। পাৰিলে মোক তই ক্ষমা কৰিবি।
এৰা, সেইদিনবোৰৰ স্মৃতিয়ে তাক তিল তিলকৈ দগ্ধ কৰে ।মাক দেউতাকৰ মৃত্যুৰ পিছত সিহঁত হাল অভিভাৱক হীন হৈ পৰিছিল। এবছৰৰ অগা পিছাকৈ দুয়োজনৰে মৃত্যু হোৱাত ভনীয়েক ৰীমাক লগ এটা দিবলৈকে সি পিছৰ বছৰতে বিয়া কৰাই আনিছিল বকুলীক। হাইস্কুলত পঢ়ি থকা ৰীমাক বকুলীয়ে নিজৰ ভনীয়েকৰ দৰে ৰাখিছিল।ৰীমাইও যেন বৌয়েক নহয় নিজৰ বায়েক এজনীহে পালে। পঢ়া-শুনাকে আদি কৰি সকলো সা-সুবিধাৰ প্ৰতি নজৰ দিছিল বকুলীয়ে । কিন্তু কেনেকৈ যে ৰীমাৰ গোপন সম্পৰ্কটোৰ কথা বকুলীয়ে গ'ম নাপালে তাক ভাবি তাই নিজেই আচৰিত হয়।
মেট্ৰিক পৰীক্ষা দিয়াৰ পিছতেই ঘৰত এনেয়ে বহি থকাতকৈ বিজিতে তাইক চহৰৰ কম্পিউটাৰ চেণ্টাৰ এটাত ছমহীয়া ক'ৰ্চ এটাকে কৰ বুলি নাম লগাই দিলে। সি অফিচলৈ যাওঁতে তাইকো লগতে লৈ যায়। আহোঁতে তাই বাছে, মেজিকে য'তে সুবিধা হয় তাতে আহে। কেতিয়াবা খগেন ঠিকাদাৰৰ ভায়েক মৃগেনৰ লগতো বাইকত আহে। ওচৰ চুবুৰীয়া ল'ৰা, তাই সিমান দোষনীয় কথা বুলি নাভাবিছিল। কিন্তু এই অহা যোৱাই যে এটা সম্পৰ্কৰ নাম ল'ব বকুলীয়ে সপোনতো ভবা নাছিল। আৰু যেতিয়া নজৰত আহিছিল তেতিয়া বহু পলম হৈছিল। ইতিমধ্যে ভুলটো কৰি পেলাইছিল জটিল জীৱনৰ আওভাও নোপোৱা ৰীমাই। জীৱনৰ গোটেই বাটছোৱা প্ৰেমৰ সেন্দূৰীয়া বাটৰ দৰেই বুলি ভাবিছিল কোমলমতীয়া, সৰলমনা ছোৱালীজনীয়ে।প্ৰতাৰণাৰ বীজ সিঁচি মৃগেনে আত্মগোপন কৰিছিল।মৃগেনক তাৰ দায়িত্ব স্বীকাৰ কৰি ল'বলৈ হাতে ভৰিয়ে ধৰিও বকুলী বিফল হ'ল।মাকৰ দৰে আৱৰি ৰখা বকুলীৰ চকুত কথাবোৰ ধৰা পৰাৰ পিছত তাই ৰীমাক দোষ দিয়াৰ সলনি নিজেই আত্মগ্লানি, আত্মদংশনত ভুগিছিল। ৰীমাক সাবটি তাই কেৱল কান্দিছিল। নিষিদ্ধ নদীৰ ঘাটত নাঁও চপাই তাই জীৱনলৈ আন্ধাৰ নমাই আনিলে।
:কিয় নিজৰ ফুল যেন জীৱনটো ধ্বংস কৰিলি ? কিয় মোৰ মৰমক দহজনে আঙুলি টোঁৱাবলৈ সুবিধা দিলি ?
বকুলীৰ বুকুৰ মাজত সোমাই তাই কান্দি কান্দি গছৰ পাত সৰুৱালে । দুয়োজনীয়ে বিজিতৰ প্ৰতিক্ৰিয়ালৈ ভয়, শংকাৰে বাট চাই ৰ'ল।
সকলো কথা বিজিতক জনোৱাৰ পিছত অস্বাভাৱিক ভাৱে মৌন হৈ পৰা বিজিতে তাইক এষাৰেই ক'লে ।
:তুমিতো তাইক মাকৰ দৰে আৱৰি ৰাখিম বুলি কৈছিলা। তেন্তে এইবোৰ কেনেকৈ হ'বলৈ পালে?
বাকৰূদ্ধ বকুলী । ক'বলৈ যে একোৱেই নাই। বিজিতৰ চকুতো তাই অপৰাধী হ'ল। ঘৰখন যেন এখন মৰাঘৰীয়াহে । তিনিওটা প্ৰাণীয়ে লোকচক্ষুৰ আঁৰত কেৱল কান্দিলে, দুখবোৰ ঘৰৰ ভিতৰতে আৱদ্ধ ৰাখি সহিলে। জোৰ কৰি সম্পৰ্কটো বান্ধি ৰখাৰ পক্ষপাতী নহ'ল বিজিত। বিন্দুমাত্ৰও পবিত্ৰতা নথকা প্ৰেমৰ ওপৰত বিজিতৰ আস্থা নাই। তাইক বাৰে বাৰে মৰিবৰ বাবে সি আগবঢ়াই দিব নিবিচাৰে।
নিৰ্দিষ্ট সময় অতিবাহিত হৈ যোৱাৰ বাবে বিকল্প একো ব্যৱস্থাই সিহঁতে উলিয়াব নোৱাৰিলে। অৱশেষত বকুলীৰ মাকৰ ঘৰতে তাইক সংগোপনে ৰখাৰ ব্যৱস্থা কৰা হ'ল। বিজিত আৰু বকুলীয়ে ঘনে ঘনে গৈ তাইক সাহস আৰু মৰম দি থাকিল, খোৱা বোৱাৰ যত্ন লৈ থাকিল। তাৰ বাদে কৰিবই বা কি ? গাঁৱৰ মানুহে জানিলে ৰীমা হোষ্টেলত থাকি কলেজত পঢ়িছে। ৰীমাৰ ভবিষ্যত সুৰক্ষাৰ বাবে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ বাদে আন উপায় নাছিল।
কম বয়সত অবৈধ মাতৃত্বৰ বোজা, মানসিক দুঃচিন্তা, লোকলজ্জা, নিৰাপত্তাহীনতা, আদি অনেক কাৰকৰ প্ৰভাৱত তাইৰ শৰীৰ নিশকতীয়া হৈ পৰিল। বকুলীহঁতৰ গাঁৱৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোতে কণমানি বুলবুলিক জন্ম দি চিৰদিনলৈ গ'লগৈ ৰীমা। পুনৰ আন এক মিথ্যাচাৰৰ আশ্ৰয় ল'ব লগীয়া হ'ল সিহঁতে। ৰচনা কৰিব লগীয়া হ'ল ৰীমাৰ সামান্য অসুখতে আকস্মিক মৃত্যুৰ নাটক। এটা মিছাৰ পৰা আন এটা মিছাৰ জন্ম হ'ল। উপায় বিহীন হৈ সিহঁতে তাকেই কৰিলে। কি হ'ব সমাজক সঁচাটো জনায় ? সহানুভূতি দূৰৰে কথা, কথাৰ কাঁইটেৰে খুঁচি বিন্ধি সিহঁতৰ জীৱন বিষাক্ত কৰি তুলিব। মৃত্যুৰ পিছতো ৰীমা কলংকিনী উপাধিৰে অভিশপ্তা হৈ ৰোৱাতো সি কেতিয়াও নিবিচাৰে। সিহঁতৰ এই মিথ্যাচাৰে যেতিয়া কাকো অনিষ্ট নকৰেই , তেন্তে এই ঘটনা এনেদৰে সিহঁতৰ বুকুৰ মাজতে ৰৈ যাওক। কি কৰিব সদ্যমাতৃহীনা কণমানিজনীক!যাৰ পিতৃ থাকিও পিতৃহীনা!
সেইজনী কণমানিয়েই বুলবুলি হৈ সিহঁতৰ সংসাৰখন জুৰাই আছে। গাঁৱৰ সকলোৱে জানে বুলবুলিক অনাথ আশ্ৰমৰ পৰা আনিলে সিহঁতে। এতিয়া সিহঁতৰ বাবে আন এক প্ৰত্যাহ্বান ৰৈ আছে। সত্য কেতিয়াও লুকাই নাথাকে। সত্য সূৰ্যৰ দৰে, কেতিয়াও ঢাকি ৰাখিব নোৱাৰি।বুলবুলিয়ে ডাঙৰ হৈ নিজৰ জন্ম ৰহস্য বিচৰা সময়খিনিলৈ সিহঁতেও উদ্বিগ্নতাৰে বাট চাইছে। বুলবুলিয়ে জানিব বিচাৰিলে সিহঁতে তাইৰ জীৱন ৰহস্য উন্মুক্ত কৰিব। পৰিণতি যিয়েই নহওক। হয়তো তাই পিতৃ পৰিচয় বিচাৰিব, অধিকাৰ দাবী কৰিব। নতুবা তাই বিজিত আৰু বকুলীক দোষী সাব্যস্ত কৰিব মাকৰ মৃত্যু আৰু মাকক ন্যায় দিব নোৱাৰাৰ অপৰাধত। বুলবুলিয়ে বিজিত আৰু বকুলীৰ মৰম আৰু সংস্কাৰেৰে পালিত হৈ হাজাৰটা মৃগেনৰ বাবে প্ৰত্যাহ্বান হৈ থিয় দিব পৰাকৈ প্ৰতিপালন কৰিব।
পৃষ্ঠাঃ ৩৬
গল্পঃ
এলবামত হেৰোৱা ছবি
পল্লৱী ফুকন
"তোমাৰ মৰমে মোৰ
দেহত তুলিলে ঢৌ
বুকুত দিলে যে মৌ
কি যে মিঠা মিঠা
কেনেকৈ কি যে হৈ গ'ল
কলিটি কুসুমে হ'ল
সুৰভী উপচি গ'ল
কি যে ভাললগা
তোমাৰ মৰমে মোক"
জয়ন্ত হাজৰিকাৰ জনপ্ৰিয় গীতটি ৰেডিঅ'ত বাজি আছে। মনোজে তীব্ৰ খঙত ৰেডিঅ'টো হাতত তুলি ল'লে আৰু পকালৈ বুলি দলিয়াই দিলে। পাহিয়ে তালৈ একেৰাহে চাই থাকিল। তাইৰ চকুত ভয়তকৈয়ো আক্ৰোশৰ হে ৰেখা প্ৰকট হ'ল। তায়ো চিঞৰিলে, ....
: ময়ো বস্তু দলিয়াই ভাঙিব পাৰো কিন্তু নাভাঙো বা তোমাৰ দৰে নকৰোঁ। কাৰণ এই বস্তুবোৰ কাৰোবাৰ দ্বাৰা উপহাৰ হিচাপে অহা নাই, দস্তুৰমত আমাৰ উপাৰ্জনেৰে আহিছে।
: কেতিয়ালৈকে এইবোৰ এনেদৰে চলি থাকিব মানে ?
: যেতিয়ালৈকে তুমি নিজকে সলনি কৰিব নোৱাৰা।
কিবা এটা ক'ম বুলিও ৰৈ দিয়ে পাহিয়ে, ওঁঠত তাইৰ কঁপনি উঠিও শান্ত হৈ পৰে। আৰু অলপ নম্ৰ হৈ কিন্তু তাৰ ফালে নোচোৱাকৈয়ে কয়
: ৰাতিৰ বাবে খাবলৈ কি বনাম ?
: যি বনোৱা বনাই থাকা, মোৰ মূৰটোকেই বনোৱাগৈ নহ'লে। এনেও তুমিহে খাবা আৰু !
পাহিয়ে এক্ষন্তেক তাৰ এঙাৰ হেন চকুযোৰলৈ চালে আৰু খঙতে গপ্গপাই বেডৰূমলৈ বুলি খোজ দিলে। ধুনীয়া চকুযুৰিৰ পৰা তাইৰ লোতক বৈ আহিছিল। বিছনাখনত ঢামকৈ পৰি গাৰুত মুখখন গুজি হুক্হুকাই কান্দিবলৈ লাগি গ'ল।
প্ৰায় প্ৰতিদিনৰ এই কাজিয়া মনোজ আৰু পাহিৰ। একমাত্ৰ সন্তান পাঁচ বছৰীয়া ৰণ সিহঁতৰ এই প্ৰতিদিনৰ মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধখনৰ একমাত্ৰ দৰ্শক, পিছে তাকো এই যুদ্ধই আৰু আজিকালি একেবাৰে আকৰ্ষিত কৰিব নোৱাৰা হ'ল।
এই যে সৰু সৰু কথা একোটাকে লৈ দুয়োৰে মাজত মনোমালিন্য আৰম্ভ হয় আৰু সেইয়াই কাজিয়াৰ সূত্ৰপাতৰ কাৰণ হৈ পৰে। এটায়ো তল পৰিব নিবিচাৰে, নিজৰ ভুল নিজে মনতে স্বীকাৰ কৰিলেও আচলতে নীচাত্মিকাবোধৰ বাবেই দেখুৱাই দিব নোখোজে।
মনোজৰ মত এইটো যে, সি পুৰুষ। গতিকে সি সৰু হৈ দিবই বা কিয় ? পাহিয়ে সৰু হৈ তাক আগতে মাতিব লাগিব। আকৌ পাহিৰ ধাৰণা এনে যেন, তাইতো শিক্ষকতা কৰে। গতিকে তাই আনক বকিব হে, নিজে কিয় আকৌ আনৰ বকনি সহ্য কৰিব !!
কিন্তু প্ৰতিদিনৰ এই কাৰ্যসূচীৰ ম্যাদ কিন্তু বৰ বেছি দীঘলীয়াও নহয়, একেদিনাই শেষো হয়। কোনো এটাই শেষত অকণ নৰম হৈ দিয়ে বা বেছিভাগেই কিন্তু ৰণৰ বাবে মিটমাট হৈ যায়।
আজিও ৰণে খেলি খেলি ভাগৰ লগাত মনোজৰ ওচৰলৈ গৈ ক'লে, "দেউতা, ভোক লাগিছে। কিবা দিয়া খাবলৈ। মাক ক'লো, মায়ে তোমাক ক'বলৈ ক'লে।"
মনোজে ৰণক বিস্কুট দুখনমান আৰু কেক দি ক'লে, "ৰণ, ভাত হয় মানে এতিয়া এইখিনি খাই লোৱা দেই।"
মনোজ এইবাৰ বেডৰূমলৈ গ'ল আৰু অকণ মাতত নম্ৰতা আনি পাহিক ক'লে,
: পাহি, ৰণৰ ভোক লাগিছে। উঠা আৰু খং এৰা, ভাত বনোৱাগৈ ব'লা।
: নোৱাৰো মই, নবনাও আৰু নাখাও। ৰণ তোমাৰোতো ল'ৰা, নিজে বনাই খুওৱাগৈ তাক।
: ঠিক আছে দিয়া, মইয়ে বনাওগৈ। কিন্তু কান্দি নাথাকিবা আৰু, তুমি জানাই মোৰ এই কন্দা-কটাবোৰ একেবাৰে অপছন্দৰ।
: মোক কন্দুৱাবলৈ তুমিয়েইতো আগ্ৰহী, সদায় সদায় কাজিয়া কৰি কন্দুৱাই থাকা।
: মোৰ কোনো গৰজ পৰা নাই, তুমি নিজেহে মোৰ লগত কাজিয়া কৰি কৰি মন বেয়া কৰি কান্দি থাকা। হ'ব, মই কিবা এটা বনাওগৈ।
মনোজ এইবাৰ পাকঘৰত সোমাই গেছৰ দুয়োটা বাৰ্ণাৰতে ভাত, দাইল আৰু দাইলতে আলু কেইটামান দি দুফালে দুটা কুকাৰত পাতি দিলে। পিটিকাৰেই কাম চলাব লাগিব।
ভাত হোৱাত এইবাৰ ৰণক টিভি চাই থকাৰ পৰা লৈ আহি মনোজে ভাত খুৱাবলৈ লাগিল আৰু লগতে পাহিৰ বিষয়েও ভাবি থাকিল....
বেচেৰী পাহি, ৰাতিপুৱা খৰধৰকৈ ঘৰৰ কামবোৰ সামৰি মেলি স্কুললৈ যায়। স্কুলৰ পৰা ভাগৰে-জোগৰে আহিও ৰণৰ লগত লাগি থকা, আকৌ ভাত ৰন্ধা আদি এশ এবুৰি কামৰ পৰা তাইৰ আহৰিয়েই নাই।
স্কুলতো আকৌ সৰু সৰু ল'ৰা-ছোৱালীবোৰক চম্ভালাটো জানো মুখৰ কথা, মূৰ বিষাই যোৱা কাম এটাই। তেনেস্থলত তাইৰতো ঘপকৈ খং উঠিবই। সিয়ো অকণ ধৈৰ্য ধৰিব পাৰিব লাগে, পিছে তাৰো কি হয় জানো !
ৰণক ভাত খুৱাই হোৱাত শুৱাবলৈ বুলি এইবাৰ তাক পাহিৰ ওচৰলৈ লৈ গ'ল। পাহিক সি ভাত খাবলৈ মাতিলে যদিও তাই নাখাওঁ বুলি কৈ ৰণৰ লগত শুই থাকিল। সি ওলাই আহি টিভিটোকে লগাই ল'লে। ৰণক শুৱাই থাকোতে এইবাৰ পাহিৰ মনলৈও মনোজৰ কথাবোৰ আহিল। তায়ো যে কিয় জানো ইমান অধৈৰ্য হৈ যায়, ঘপকৈ খং উঠি যায়।
মনোজে তাইক কিমান সহায় কৰে, ৰাতিপুৱা অফিচলৈ যোৱাৰ আগতে ৰণক স্কুললৈ সাজু কৰে, তাক স্কুলত থোৱা আৰু অনাৰ দায়িত্বও তাৰ। তায়ো আচলতে কেতিয়াবা বৰ স্বাৰ্থপৰ হৈ যায়, তাৰোতো নিজস্ব বুলি কিছু কথা থাকে। মনোজৰ তাৰ আন কিছু বন্ধুৰ দৰে এনে একো বদঅভ্যাসো নাই যে, মদ-ভাং আদি খাই আহি ঘৰত উৎপাত কৰেহি। এইবোৰ একো সি স্পৰ্শই নকৰে।
ভাবি ভাবি পাহিৰ মনটো মনোজৰ প্ৰতি নৰম হৈ গ'ল। পাহি এইবাৰ মনোজৰ কাষলৈ উঠি গ'ল। ৰণ ইতিমধ্যে টোপনি গৈছিল, তাৰ টোপনি ভাল। এবাৰ শুৱাৰ পাছত আৰু ৰাতিপুৱাহে সাৰ পায়।
মনোজে টিভিটো লগাই এনে কিবা এটা প্ৰগেম চাই আছিল।
: ভাত খালা ?
: নাই খোৱা, তুমি নাখাওঁ বুলি ক'লা আৰু মই অকলে কেনেকৈ খাওঁ বাৰু ?
: হ'ব এতিয়া, মই ভাত বাঢ়োগৈ। ব'লা খাই ল'বা।
একো কথা নপতাকৈ দুয়োটা নিজৰ মাজতেই মগ্ন হৈ চুপচাপ ভাত খাই থাকিল। খোৱা শেষ কৰি এইবাৰ পাহি পাকঘৰটো সামৰিবলৈ লাগিল, নহ'লে ৰাতিপুৱালৈ দেৰি হৈ যায়। মনোজ আকৌ টিভিৰ আগত বহিলগৈ। পাকঘৰৰ কামখিনি শেষ কৰি পাহি মনোজৰ ওচৰলৈ আহিল। মনোজে পাহিলৈ মূৰ তুলি চাই ক'লে,
: তুমি শুৱাগৈ নাই, শুই থাকা যোৱা। মই অলপ টিভিকেই চাওঁ।
: টোপনি ধৰা নাই, ময়ো অলপ বহোঁ।
এইবুলি পাহিও চকী এখনত বহিল।
কাৰো মুখতেই একো কথা নাই, যেন দুয়ো দুয়োৰে বাবে একেবাৰে অচিন, চিনাকি হৈ কথা পাতিলেও যেন জগৰ হে লাগিব ! কেৱল টিভিৰ শব্দহে ওলাইছে।
এপাকত মনোজ ভিতৰলৈ উঠি গ'ল আৰু ঘূৰি অহাৰ পাছত তাৰ হাতত এটা এলবাম দেখা পোৱা গ'ল।
সি আহি লাহেকৈ পাহিৰ কাষতে বহিল আৰু তাইক ক'লে
: আমি অকণ স্মৃতিকেই ৰোমন্থন কৰো আহাঁ।
এইবুলি সি এলবামটোৰ প্ৰথম পৃষ্ঠাটো উলিয়ালে,
: এইখন চোৱা, আমি চিৰজীৱনলৈ দুয়ো দুয়োৰে হোৱাৰ দিনাৰ। কিমান যে ধুনীয়া লাগিছিল তোমাক কইনাৰ সাজত।
: উম, তোমাকো ধুনীয়া দেখিছিলো দৰাৰ সাজত। সাত বছৰ হৈ গ'ল ন' !
: এইখন আমি যে হনীমুন বুলি দিল্লীলৈ ফুৰিবলৈ গৈছিলো। কিমান যে ভাল লাগিছিল, কিমান ফুৰিছিলো, কিমান যে স্ফুৰ্তি কৰিছিলো। বৰ সুন্দৰ মুহূৰ্ত আছিল সেইবোৰ।
: আৰু এইখন, ৰণ গাত থাকোতে যে পঞ্চামৃত খোৱাৰ দিনাৰ। মোক যে ইমান শকত দেখিছিল ন' !
: তুমি শকত হৈছিলা আকৌ, আৰু এইখন ৰণে প্ৰথম থুপুক-থাপাককৈ খোজ কাঢ়ি ঘূৰি ফুৰোঁতে তোলা।
: এইখনত তোমাক যে একেবাৰে চলমান খানৰ দৰে লাগিছে, আমি পৰীৰ বিয়া খাবলৈ যাবলৈ ওলাইছিলো ন'।
: আৰু তোমাক মাধুৰী দীক্ষিত, সদায় এনেদৰেই হাঁহি থাকিবা চোন। তোমাৰ যে হাঁহিটো ইমান ধুনীয়া, হয়তো তুমি নিজেও নাজানা।
: হুহ্ কথা কৈছা। প্ৰথমে কাজিয়া লাগি ল'বা আৰু তাৰপিছত তেল মাৰিবলৈ আহিবা।
: নহয়, সঁচাকৈয়ে কৈছো। তোমাক যে তোমাৰ ধুনীয়া হাঁহিটোৰে ইমান ভাল লাগে, মুগ্ধ হৈ পৰো মই। তুমি হাঁহিলে যে তোমাৰ এই ধুনীয়া চকুহালেও লগতে হাঁহে। আচলতে কি জানা, আমি এই যে কাজিয়াবোৰ কৰি থাকো, ভাবিছো নে বাৰু ইয়াৰ প্ৰভাৱ ৰণৰ ওপৰত কিদৰে পৰিব !
: ঠিকেই কৈছা, সি এতিয়া সৰু হৈ আছে বাবে হয়তো ইমান বুজি উঠা নাই, কিন্তু কাইলৈ যেতিয়া ডাঙৰ হ'ব তেতিয়া ইয়াৰ বেয়া প্ৰভাৱ তাৰ ওপৰত পৰিব। ঘৰখনেইতো শিশুৰ প্ৰথম পঢ়াশালি।
: আমাৰ এই খং, কাজিয়াবোৰ এৰিব লাগিব। ইয়াৰ বাবে কিবা ৰাস্তা উলিয়াব লাগিব।
: কি ৰাস্তা ? কোৱা চোন।
মনোজে এলবামটো ধুনীয়াকৈ সামৰি থ'লে। আৰু আলফুলে পাহিৰ হাত এখন তাৰ হাতৰ মুঠিৰ ভিতৰত সুমুৱাই লৈ ক'লে, ......
: ধৰি লোৱা, এই এলবামটোৱেই আমাৰ বাবে এটা ৰাস্তা। কিমান যে স্মৃতিৰ স্বাক্ষৰ বহন কৰি ই আমাৰ বাবে কহিনুৰৰ দৰে মূল্যৱান হৈ আছে।
: ঠিকেই কৈছা তুমি, সীমাহীন ভালপোৱাৰে ভৰি আছে, ৰ'দত জিলিকি উঠা দিনবোৰ, জোনাকে ঢৌৱাই যোৱা ৰঙীন নিশাবোৰ।
: আৰু ভালপোৱাৰ পৰশেৰে সজীৱ সুগন্ধিময় ৰাতিপুৱাবোৰ, মায়াময় গধূলিবোৰ আৰু কত যে কি ইয়াত আলফুলে বন্দী হৈ আছে।
: এই নিৰ্জীৱ বস্তুবোৰেই চাবলৈ গ'লে আচলতে কিমান যে জীৱন্ত আৰু জীৱনদায়িনী।
পাহিয়ে লাহেকৈ মূৰটো মনোজৰ কান্ধত পেলাই দিলে।
মনোজে সস্নেহে তাইলৈ চাই ক'লে,
: তিনি/চাৰিদিনৰ বাবে স্কুলৰ পৰা ছুটী লৈ লোৱা, ময়ো ল'ম।
: কিয় ? মনোজৰ চকুত চকু থৈ পাহিয়ে সুধিলে।
: এপাক শ্বিলঙৰ পৰাই ফুৰি আহোঁগৈ ব'লা, মন-প্ৰাণ ফ্ৰেছ হ'ব আৰু এটা চেঞ্জো হ'ব।
: বঢ়িয়া হ'ব। কেমেৰাটো লৈ ল'বা আকৌ, নাপাহৰিবা। খুব খাম, পূৰা ফুৰিম, ঢেৰ শ্বপিং কৰিম। মুঠতে পূৰা এনজয় কৰিম দেই।
: শ্বপিঙৰ বাদে সব কৰিম, সপ্তাহ/পোন্ধৰ দিনৰ মূৰে মূৰে কৰিয়েই থাকা দেখোন ! তোমালোক মহিলাবোৰৰ এইটোৱেই এটা ডাঙৰ দুৰ্বলতা ন', শ্বপিঙৰ কথাই প্ৰথমে মনলৈ আহে চাগৈ।
: হুহ্ তুমি নিজে যেন নকৰা আৰু, নিজেও হকে বিহকে কাপোৰবোৰ কিনি থাকা আৰু ক'বা যে বেঙ্ক বেলেঞ্চ কমি কমি গৈ থাকে।
: থোৱা থোৱা, মোৰ বেঙ্ক বেলেঞ্চ তোমাৰ শ্বপিঙত হে কমে। তুমি নিজৰ দৰমহাৰ টকাৰে নিকিনা আকৌ।
: তুমি অকল মোৰবোৰহে দেখা কিবা, নিজৰবোৰ হ'লে নেদেখা। এতিয়া দেখিলা, তুমি কিন্তু আকৌ
ঘপহকৈ মনোজ এইবাৰ বহাৰ পৰা উঠিল, লগতে পাহিকো হাতত ধৰি উঠাই দিলে।
: ব'লা ব'লা, শুব লাগে আৰু। ৰাতিপুৱা স্কুল, অফিচ সব খোলা আছে নহয়, সোনকালে উঠিবও লাগিব।
: হয়তো আকৌ, পৰহিলৈ শ্বিলং ট্যুৰৰ বাবে কাপোৰো পেকিং কৰিব লাগিব নহয় তিনিওটাৰে।
দুয়োটা হাতে-হাত ধৰি বেডৰূমলৈ শুবলৈ বুলি উঠি গ'ল।
পৃষ্ঠাঃ ৩৭
ৰেচিপিঃ
অমিতাৰ জেলি
উপকৰণ:
১/দহচিয়া অমিতা এটা
২/চেনি ২ কাপ
৩/ইলাচি-দাল চেনি গুৰি আধা চামুচ।
প্ৰণালী:
অমিতাটো কাটি গুটি আঁতৰাই পিহনাত পিহি ল'ব।তাৰপাছত চেনি সানি আধা ঘণ্টা মান থৈ দিব। এখন বগা কেৰাহিত কম জুইত নাৰিকল ভজাৰ দৰে শুকান হোৱা লৈ ভাজি থাকি ইলাচি গুৰিখিনি দি দিব। অলপ আঠা ভাব আহিলে নমাই থ'ব। বনাই চাব চোন বহুত ধুনীয়া হয় খাবলৈ ও ভাল।
গীতাৰ্থী বৰঠাকুৰ
জাঁজী, জামুগুৰি
১/ সৰ্বপ্ৰথমে আমি আপোনাক অঙ্গনৰ সাক্ষাৎকাৰ শিতানলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে অসমবাসীৰ বাবে আপুনি আপোনাৰ কৰ্মেৰে নিজৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে। এই ছেগতে আপোনাৰ জন্মস্থান, শৈশৱ আৰু শিক্ষা জীৱনৰ সম্পৰ্কে আমাক জনাবচোন।
উত্তৰ:-মোৰ জন্ম যোৰহাট জিলাৰ পূব প্ৰান্তত অৱস্থিত নগাভূমিৰ পাদদেশ, অসমৰ ঐতিহাসিক ঠাই তৰাতলি, বৰ্তমান যাক নকছাৰি বুলি জনা যায়; সেই নকছাৰিৰে দৰিকিয়াল গাঁৱত৷ আমাৰ গাৱঁতে নকছাৰি ৰেলষ্টেচনটো আৰু অসমৰ বহুলোকেই নাজানে প্ৰাচ্যবিদাৰ্ণৱ পণ্ডিত কৃষ্ণকানত সন্দিকৈদেৱৰ পিতৃ দানবীৰ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাৰায়ণী আইদউৰ সমাধিক্ষেত্ৰটো জিলিকি আছে৷ কাষতে তিৰুৱাল চাহ বাগিচা আৰু নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ তাৰ কাষতে একেখন খেলপথাৰতে অৱস্থিত, ২১০ দৰিকিয়াল প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰো৷ উচ্চ মাধ্যমিক আৰু উচ্চতৰ শিক্ষা নকছাৰিতে গ্ৰহণ কৰো৷ কলেজীয়া শিক্ষা মৰিয়নি মহাবিদ্যালয়ত গ্ৰহণ কৰি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালৰ পৰা শিক্ষা গ্ৰহণেৰে ডিব্ৰুগড় বিশ্ববিদ্লয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লওঁ৷
শৈশৱৰ দিনবোৰ সঁচাই বৰ উমাল আছিল৷ মুকলি পথাৰত খেলিছিলো৷ গাঁৱৰ চোতালে চোতালে বিহু মাৰিছিলো৷ পথাৰত নৰা কাটিছিলো৷ সেইবিলাক বিক্ৰি কৰি কাপোৰ কানি লৈছিলো৷ গাঁৱৰ প্ৰতিঘৰ মানুহৰ চোতাল গচকিছিলো৷ মুঠতে বৰ আনন্দৰ দিন আছিল৷ অভাৱ আছিল কিন্তু সুখী আছিলো৷ লগৰ সমনীয়া বহুত আছিল৷ কলেজত পঢ়ি থাকোতে নকছাৰিৰ এনে এখন গাওঁ নাছিল য'লৈ এবাৰো যোৱা নাছিলো৷ কত যে সভা সমিতিত ঘূৰিলো৷ আজিও ভাল লাগে সেই দিনবোৰৰ কথা মনত পৰিলে৷
২/ আমি জনাত আপুনি মাৰ্চেলআৰ্ট তথা টাইকুৱাণ্ডু শিকিছিল! এই ক্ষেত্ৰখনত কিদৰে সফলতা অৰ্জন কৰিব পাৰি সেই সম্পৰ্কে আমাৰ পাঠক সমাজক অলপ ক'ব নেকি ?
উত্তৰ:- অামি প্ৰতিটো মুহূৰ্ততে অভাৱ অনাটনত ডাঙৰ হৈছো৷ 1990 চনত মেট্ৰিক পৰীক্ষা দিয়ে আমি নকছাৰি উঃমাঃবিঃত প্ৰথম টাইকোৱাণ্ডু আৰম্ভ কৰো যোৰহাট জিলা টাইকোৱাণ্ডুৰ অধীনত৷ অনন্ত চুতীয়াই যোগাযোগত আগভাগ লৈছিল৷ তেনে দৰেই বিভিন্ন সমস্যাৰ মাজেৰে দহ বছৰ এই খেল খেলি টাইকোৱাণ্ডুত ৰেড বেল্ট আৰু চামুৰাই কেৰাটেত ব্লেক বেল্ট লওঁ 2000 চনত৷ তাৰ পাছত যোৰহাট চহৰলৈ অহাৰ পৰা গতি পথ সলনি হৈ পৰিল৷
৩/ বৰ্তমান আপুনি অসমৰ এজন সফল কবি। আপুনি এই জগতখনত কিয় আৰু কেনেকৈ ভৰি দিলে ?
উত্তৰ:- মই তেনেকৈ নাভাবো৷ আৰু বহুত শিকিবলগীয়া, কৰিবলগীয়া আছে৷ কবিতা ভালপাওঁ বাবে প্ৰতি নিয়ত চৰ্চা কৰো৷ কি কৰিছো সেয়া সময়েহে ক'ব৷ আমাৰ কাম কৰি থকাহে৷
স্কুলীয়া দিনৰে পৰাই চৰ্চা কৰি আহিছো৷ তেতিয়াৰ পৰাই কবিতাৰ বাবেই কিমান ঠাইলৈ গৈছো লেখ জোখ নাই৷ নকছাৰিৰ প্ৰণৱ দা আৰু মই বহুত ঘূৰিলো৷ বহু অভিজ্ঞতাই এতিয়াও ৰোমাঞ্চিত কৰি থাকে৷ কলেজীয়া আৰু বিশ্ববিদ্যালয়ৰ দিনবোৰত হয়তো অসমৰ এনে এখন জিলা নাই য'লৈ আমি কবিতা গাবলৈ যোৱা নাছিলো৷ সেই সময়খিনিত লগৰীয়া আছিল কবি উজ্জ্বল পাওগাম৷ কবিতাৰ বাবেই মানুহৰ পৰা পাইছো অলেখ মৰম, ভালপোৱা৷
৪/ আপোনাৰ প্ৰথম প্ৰকাশিত কবিতাটিৰ নাম কি আছিল আৰু এই কবিতাটি ক'ত প্ৰকাশ হৈছিল ? প্ৰথম ছপা আখৰ দেখি হোৱা আপোনাৰ অনুভৱ আমাৰ পাঠক সকলক জনালে সুখী হ'ম।
উত্তৰ:- সঠিক কৈ মনত নাই৷ হয়তো দৈনিক জনমভূমি অথবা সাপ্তাহিত জনমভূমিয়েই হ'ব কিয়নো আমাৰ ঘৰত সেই সময়ত সেই দুখন আৰু তিনিদিনীয়া অগ্ৰদূত কাকতখন লৈছিল৷ পেপাৰত নিজৰ নামটো দেখি ভাল লাগে, লাজো লাগে সেই অনুভৱ এতিয়াও হয়৷
৫/ বৰ্তমান অসমত হাজাৰ হাজাৰ কবিয়ে কাব্যচৰ্চা কৰি আছে। তেওঁলোকক আপুনি কি ক'ব বিচাৰিব ?
উত্তৰ:- ভাল কথা৷ কৰি থাকক৷ ভাল চিন্তাই , ভাল কামেই কৰি আছে ৷ বাকী সকলো সময়ে ক'ব৷
৬/ আপুনি এসময়ত অসম কবি সন্মিলনৰ সম্পাদক আছিল। সেই সময়ৰ এটি উল্লেখযোগ্য ঘটনা আমাৰ পাঠক সকলক জনালে ভাল লাগিব।
উত্তৰ:- নহয় ৷ মই কেৱল যোৰহাট কবি সন্মিলনৰ হে সম্পাদক আছিলো, যাৰ জন্মদাতা স্বনামধন্য যতীন্দ্ৰকুমাৰ বৰগোহাঞিদেৱ৷ আমি স্বতন্ত্ৰ আছিলো৷ পাছত হে সদৌ অসমৰ অন্তৰ্গত হৈছে৷ মোৰ ভাল লাগে এই কাৰণেই যে মোৰ দিনতে প্ৰথম যোৰহাটৰ প্ৰয়াত স্বনাম ধন্য কবিসকলক সোঁৱৰী "শ্ৰদাৰ্ঘ দিৱস" অাৰম্ভ কৰো৷ আজিও চলি আছে৷ সেই সময়তে কবি নীলিমদাৰ লগত কবিতা অকবিতাৰ যুঁজত লাগিব লগা হয়৷ সুস্থ লেখনিও কাকত আলোচনীত প্ৰকাশ কৰিব লগা হয়৷ নীলিম দাৰ লগত মতৰ হে অমিল কিন্তু মনৰ নহয়৷ এতিয়াও কবিতাৰ সভাত লগ পাই থাকো৷ তেখেতৰ জন্মদিনত আমি শব্দ বটাও দিছো৷
৭/ সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমত বহুল ভাৱে সাহিত্য চৰ্চা কৰি থকা দেখা গৈছে। ই অসমীয়া সাহিত্যৰ বাবে কিমান যোগাত্মক বুলি আপুনি ভাবে ?
উত্তৰ:-ভাল কথা৷ কিন্তু সময়েহে সকলো নিৰূপণ কৰিব৷
৮/ চলিত মাহতে আপুনি বোকাখাতত অসমৰ নিৰ্বাচিত ৩৩ জন কবিৰ মাজৰে এজন হিচাপে বঁটা বহন কৰি যোৰহাট তথা নকছাৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। এই বঁটা গ্ৰহণ কৰাৰ সময়ত হোৱা অনুভৱ আমাৰ পাঠক সমাজক জনালে সুখী হ'ম।
উত্তৰ:-বঁটা বুলি নহয়৷ কামৰ স্বীকৃতি পালে ভাল লাগে৷ মানুহৰ মৰম চেনেহহে আচল কথা৷ ভাল লাগে৷ একেমনৰ মানুহখিনিক লগ পালে সঁচাই ভাল লাগে৷
৯/ আপুনি এজন কবি, খেলুৱৈ হোৱাৰ লগতে এজন ভাল চিত্ৰকৰো। এজন চিত্ৰকৰ হিচাপে আপুনি কেনেধৰণৰ ছবি আঁকি বেছি ভাল পায় ?
উত্তৰ:- মই প্ৰতীক ধৰ্মী ছবি আঁকি ভাল পাওঁ৷ দিনটো বৰ ব্যস্ত হৈ থকাত ছবিৰ বাবে সময় কমিয়ে গৈছে৷ তথাপি যোৰহাটৰ কলাভৱনৰ লগত সংযোগ হৈ থাকো৷
১০/ আমি জানো যে এজন গ্ৰন্থ প্ৰকাশক হিচাপেও সমাজত আপোনাৰ এটি পৰিচয় আছে। এই ক্ষেত্ৰখনত হোৱা অভিজ্ঞতাৰ সম্পৰ্কে অলপ ক'বনে ?
উত্তৰ:-জীৱনত কি হ'বলৈ আহি কি হৈ পৰিলো নিজেই নাজানো৷
কেনেকৈ কবি বৈ পৰিলো, কেনেকৈ ছবিৰ সতে জড়িত হৈ পৰিলো৷ জড়িত হৈ পৰিলো খেলৰ সতে৷ শেষত জীৱন আৰু জীৱিকাৰ সতে হৈ পৰিলো গ্ৰন্থৰ প্ৰকাশক৷ নিজৰ কিতাপ নিজেই বিক্ৰী কৰা গ্ৰন্থৰ বিক্ৰেতা৷ কত যে কি৷ বহু অভিজ্ঞতা আছে৷ ক'ৰ পৰা বা আৰম্ভ কৰোঁ৷
১১/ আমি জানো আপোনাৰ প্ৰকাশনৰ পৰা "শব্দ" বুলি এখনি কাব্যালোচনী প্ৰকাশ হৈছিল যিখন বৰ্তমান বন্ধ হৈ আছে। এই আলোচনীখন বন্ধ হোৱাৰ কাৰণ কি ? আপুনি এই আলোচনীখন পুনৰ প্ৰকাশৰ কথা ভাবেনে কেতিয়াবা ?
উত্তৰ:-বৰ মৰম আৰু হেঁপাহৰ আছিল সেইখন৷ ক'ব নোৱৰাকৈ বন্ধ হৈ পৰিছে অন্য কামৰ হেঁচাত৷ চাওঁচোন কি কৰিব পাৰো৷
১২/ আপুনি "চানেকি" নামেৰে এখন অনুবাদ আলোচনী প্ৰকাশ কৰি আছে। এই আলোচনীখনক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনে ধৰণৰ?
উত্তৰ:-বহু পৰিকল্পনা আছে চানেকিক লৈ৷ কৰি আছো পৰৱৰ্তী সংখ্যাৰ কাম৷ চানেকিৰ আধাৰতে আৰু এটি নতুন কাম পাব অসমীয়া সাহিত্য সমাজে৷ মোৰ নিজা কামো বহুকেইটা চলি আছে৷ মানুহৰ মাজত চানেকিক আজীৱন জীয়াই ৰাখিব খোজো৷
১৩/ আপোনাৰ প্ৰকাশিত গ্ৰন্থ সম্ভাৰৰ সম্পৰ্কে অলপ ক'ব চোন ।
উত্তৰ:-মোৰ প্ৰথম শিশু গ্ৰন্থ।
১) মৌমেলৰ সাধু
মোৰ মুঠ কাব্যগ্ৰন্থ ৮খন
১) সংগোপনে বাঢ়ি আহে গৰ্ভৱতী কান্দোন এটা
২) তোমাক ভাল লাগি যোৱাৰে পৰা হৃদয় খন সঁপি দিলো তোমাৰ হাতত মৰমেৰে
৩) ভীষণ ভালপাই পেলাইছোঁ তোমাক৷
৪)পাহৰাব জানো পাৰিবা তুমি
৫) তুমি আহিলেই ফুলি উঠে সকলো
৬) ভালপোৱাৰ এখন অৰণ্যৰ কি নাম দিম কোৱা
৭) তোমাক ভালপাই পেলাই জ্বলাই আছোঁ বুকু
৮) বুকুৰ কোণত চৌফৱিয়া ৰ'দ এজাক
প্ৰবন্ধৰ গ্ৰন্থ
১) সাঁচিপাত ঈয়াৰুঙ্গম আৰু অন্যান্য
অনুভৱৰ গদ্য
১) অনুভৱৰ পাতত একান্তই নিজাকৈ এটা কোঠা নাথাকিল
২)জুনুকাৰ দৰে বুকুত বাজি থাকে যি
সম্পাদনা
১) বৰ্ণময় সপোনৰ সোণোৱালী বা'
১৪/ শেষত আপোনাৰ এটা প্ৰিয় কবিতাৰে আমাৰ আজিৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটিৰ সামৰণি মাৰিব বিচাৰিম। আপোনালৈ আন্তৰিক ধন্যবাদ থাকিল। আপোনাৰ বহুমূলীয়া সময় কণ আমাক দি আজিৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে।
উত্তৰ:- অশেষ ধন্যবাদ
সোঁৱৰণীৰ বোকোচাত উঠি
গুচি গ'ল এজন চিৰ তৰুণ
ৰণজিত গগৈ
কেনেকৈ গুচি যাব পাৰে তেওঁ
যেনেকৈ জপতীয়াই মহতীয়াই
গুচি গ'লে প্ৰিয়জন
শোকৰ বন্যাই,দুচকুৰ লোতকেৰে নেদেখা কৰে বাট
বুকুৰ আপোন হ'ব পৰাটোৱেই হয়তো
জীৱনৰ আটাইতকৈ কঠিনতম কলা ৷
যি কলাক সুকোমল হাতেৰে যেন গঢ়ি তুলিছিল
নিজৰ বাবে ৷ এজাক জোনাকী দৰে দুচকুত কঢ়িয়াই ফুৰিছিল
সাঁচিপতীয়া এজাক সপোন
যি জীৱনক হাঁহিৰে সজাবলৈ শিকি
বেদনাৰে বিষণ্ণ কৰি তুলিছে মানুহ ভালপোৱা প্ৰতিখন হৃদয়
এমুখ হাঁহি ভৰা মুখেৰে
ওৰেটো জীৱন যি তৰুণ হৈ থাকিল চিৰতৰুণ
জনতাৰ হৃদয়ত থাপনা পাতি জনপ্ৰিয় জননেতা হ'ব পৰাতো
কেইজনৰ কঁপালত লিখা থাকে ?
যাৰ মৃত্যুৱেও কৈ গ'ল
মনৰ হে কথা
মন কৰিলে একেখন চালিৰ তলৰ পৰাই
ঘৰ এখনৰ কথা একেলগেইচোন ভাবিব পাৰি
তেওঁ মৃত্যুৱে আমাক সোঁৱৰালে
চকুৰ পানীৰ একেই ধাৰ কি শত্ৰু কি মিত্ৰ
অকৃত্ৰিম উমাল হাঁহিটিৰে তেওঁ আমাৰ
বুকুত গোজেই গজালি মেলি ল'লে
কোঁচৰ কেঁচুৱাৰ দৰে উমাল,নিভাঁজ-নিৰ্মল হৈ
কেঁচা মাটিৰ গোন্ধেৰে শিপাৰ পৰা শিপাই আহি
জীৱনৰ অৰ্ধশতিকা জুৰি ৰাজনীতিৰ পথাৰখনত
যি দুৰন্ত তৰুণ হৈ দপদপাই গ'ল
তেওঁ আমাৰ বাবে চিৰ তৰুণ হৈ
আমাকেই সোঁৱৰাই থাকিব কালে আকালে
অন্তিম বিদায়ৰ কি বিষণ্ম সময়
যাক বুকুৰ পৰা যে কোনোদিন মচি দিব নোৱাৰি
তেওঁৰ শোকে মিয়ম্ৰাণ কৰি তুলিছে আমাক
মিয়ম্ৰাণ কৰি তুলিছে আবাল-বৃদ্ধ,বণিতা,জাতি-জনগোষ্ঠী,
পাহাৰ-ভৈয়াম,শত্ৰু-মিত্ৰ যেন একাকাৰ হৈ পৰিল
ভালপোৱা মানুহজন ধোঁৱাৰ স'তে মিলি গৈ যি সোঁৱৰাই থাকিব এদিন
মাটি আৰু মাটিৰ মানুহক কেনেকৈ ভালপাব লাগে
তাকেই ধিয়াই ধিয়াই
এটা জাতিক ভালপোৱা মানুহজন
দেশৰ হকে কাম কৰি যোৱা অক্লান্ত
যুঁজাৰুজনেই এদিন শুই পৰিলে
শোকে কেনেকৈ খুন্দামাৰি ধৰে কাকেই বা ক'ব পাৰি
গাঁৱৰ ধূলি-বালি খেলি খেলি জীপাল হোৱা পোনাকণ
কোনো চেকা নলগাকৈ এদিন মানুহৰ যে
কিমান হৈ পৰিছিল আপোন
ধুমুহাই জুৰুলা কৰি থৈ যোৱা
কলা দিনবোৰৰ কলীয়া ডাৱৰ ঠেলি
অলেখ সপোন দেখি দেখি
দৃঢ়তাৰে দুহাতৰ ডোল ধৰি
নেতৃত্বৰ গুৰিবঠা বাই বাই
মানুহৰ বুকুৰ ভিতৰলৈ অকৃত্ৰিমভাৱে উজাই আহিছিল তেওঁ
মুখত মাথোন এটা অমিলন হাঁহিৰ জিলিকণি লৈ
বহুজনৰ মুখৰ হাঁহি
অকৃত্ৰিম অভিভাৱকত্বৰ চেনেহৰে
যি জৰী বান্ধিছিল
যি সিমান সহজ নহয় সকলোৰে বাবে
এক অৰুণ হেন তৰুণ
অহংহীন সৰল মানুহজনক আমি হেৰুৱাই
বুকুত হাহাকাৰ কৰিছোঁ
যি ৰাজনীতিৰো উৰ্ধত আসন এখন
নিজেই থাপিছিল আৰু
মানুহক ভালপোৱাৰে আপোন কৰি
এমোকৰা হাঁহিৰেই জীৱনটোক ফুলাম কৰি তুলিছিল ৷
তেওঁৰ হাততেই প্ৰগতিৰ বা' এজাক ৰিব ৰিব কৈ এদিন বলিছিল
আৰু আজি তেওঁ নিঠৰ,নিষ্প্ৰাণ হৈ আমাকে কন্দোৱাই আছে
যাক বিদায় দিব পৰা নাই একেবাৰে মনৰ পৰা
তেঁৱেই তৰুণ চিৰতৰুণ ৷
ৰণজিত গগৈ
শব্দ প্ৰকাশ, থানা ৰ'ড, যোৰহাট-১
ম'বাইল-৯৮৫৪৩৫৪৮০২
e-mail-ranjit-jrt@rediffmail.com
পৃষ্ঠাঃ ৩৯
শিশু লেখাঃ
শিশুৰ সুস্থ মানসিকতাৰ অন্তৰালত
ৰাজশ্ৰী বৰা
শিশু হৈছে হৃদয়ৰ আকৰ্ষণ।নিভাজ মৰমে সকলোৰে হৃদয়ত মৰম লগাব পৰাকৈ শিশুসকল কোমল। শিশু ৰ মন নিৰ্মল ,সেয়ে হয়তো কোৱা হয় যে ভগৱানৰ আটাইতকৈ ধুনীয়া উপহাৰটোৱে হৈছে শিশু।
প্ৰতিটো শিশুৱে অভিভাৱক তথা পিতৃ-মাতৃৰ হিয়াৰ আমঠু।শিশু অৰ্থাৎ সন্তানটোতে সকলো অভিভাৱকৰ সুখ জড়িত হৈ থাকে।শিশুটোৱে হাঁহিলে হাঁহে সি কান্দিলেই কান্দে। শিশু টো পৃথিৱীলৈ অহাৰ আগৰে পৰা আপোনজনৰ মনত বহুত আশা জাগে,তাক লৈ সপোন দেখে। শিশু টোৰ জন্মৰ আগৰ পৰা ঘৰখনে তাৰ আগমনলৈ অধীৰ অপেক্ষা কৰে,তাক কিদৰৈ লালন পালন কৰিব ,কি খুৱাব,কেনেকৈ ৰাখিব আৰু সময়ৰ লগে লগে তাক কিদৰে ভাল মানুহ কৰাব এইসকলোবোৰ আশা মনে মনে কঢ়িয়াই ফুৰে।এয়া প্ৰতিজন অভিভাৱকৰে মনৰ বাঞ্চা।ইয়াৰোপৰি বহুতে শিশুটোৰ ভৱিষ্যত ক লৈ আগতীয়াকৈ সকলো বোৰ প্ৰস্তুতি চলায়।নিজৰ শিশুটোৱে যাতে দুখ কষ্ট নাপায় তাৰ বাবে আগতীয়াকৈ সকলো ঠিক কৰি থৈ যাব বিচাৰে,বহুতে কৰি থয়।যি কি নহওঁক মই প্ৰতিজন অভিভাৱকক এটাই প্ৰশ্ন কৰিব বিচাৰো যে আপুনি আপোনাৰ শিশুটোৰ বাবে কি এৰি থৈ যাব বিচাৰে?
বৰ্তমান যান্ত্ৰিক তাৰ যুগ।জীৱন মাথোঁ ব্যস্ততাৰ সোঁতত বৈ গৈছে।অৰ্থৰ অভাবে মানুহক ঘোঁৰা ৰ দৰে চেকুৰাবলৈ বাধ্য কৰাইছে।উপায়হীন! জী থকাৰ লালসাই মানুহক দৌৰাইছে।আপুনি মই সকলো দৌৰিছো।নহয়নে?মাজে মাজে নিজে নিজকে চাই ভাবিবলৈ বাধ্য হৈছো যে সঁচাকৈ জীৱনটো জীয়াই ৰাখিছোনে?এইবোৰৰ মাজতে আকৌ নিজৰ শিশুটোৰ ভৱিষ্যত ক লৈ আশংকাত ভুগিছো।সি কেনেকৈ জীয়াব?তাৰ দিনলৈ জীৱন উদযাপন কৰাটো আৰু জটিল হ'ব,বহু অৰ্থ লাগিব।এই চিন্তাতে আমি আৰু দৌৰিছো,অধিক কষ্ট কৰি শিশুটোৰ ভৱিষ্যত ৰ প্ৰয়োজনীয় পাৰ্থিব সম্পদবোৰ আমিয়ে আগতীয়াকৈ গোটাই লৈছো।যাতে আমাৰ শিশুৱে পিছত আৰামদায়ক জীৱন,সুখৰ জীৱন জীয়াব পাৰে।আচৰিত!আমি ভৱিষ্যতৰ বাবে বৰ্তমানতে সকলো গোটাই থৈছো বা থব বিচাৰিছোঁ।সকলো ঠিক কৰাৰ পাছতো ,এদিন সকলো ঠিক নহয়।এনে কিয়?আপুনি গোটেই জীৱনটো শিশুটোৰ ভৱিষ্যত সুখৰ হোৱাত আশা তে নিজৰ সকলো ত্যাগ দিয়ে।এদিন আকৌ এই শিশুৱে আপোনাৰ কষ্টক আওকাণ কৰি অকলে ভোগ কৰিব বিচাৰে।আপুনি আপোনাৰ শিশুটোৰ বাবে হৈ পৰে বোজা।সকলো আপোনাৰে অথচ আপুনিয়ে আকৌ নিঃকিন হৈ ৰয়।সকলো শিশুৱে হয়তো এনে নকৰে কিন্তু বৰ্তমান সময়ত এনে ছবিয়ে বিৰাজমান।
শিশুটোৰ বাবে আপুনি নিজৰ কষ্টৰে কেৱল পাৰ্থিৱ সম্পত্তি গোটোৱাটোৱে কৰ্তব্য নে?ঘৰ,গাড়ী,ধন সম্পত্তি এইবোৰে শিশুৰ ভৱিষ্যত সুৰক্ষিত নে?নহয়।আপোনাৰ শিশুটোৰ বাবে আপুনি অৰ্থ সাঁচি নাথাকিলেও হ'ব যদিহে তাক আপুনি সৰুৰে পৰা অৰ্থ উপাৰ্জনৰ যোগ্য ব্যক্তি স্বৰূপে গঢ় দি নিব পাৰে। মই কব বিচাৰিছোঁ যে শিশুটোৰ বাবে আপুনি পাৰ্থিৱ সম্পত্তি এৰাতকৈ তাৰ মনত আপুনি ভাল গুণ এৰি থৈ যাওক।যাতে সি জীৱনৰ বিভিন্ন সমস্যাৰ লগত মোকাবিলা কৰিব পাৰে।তাৰ মনত সাহসৰ ভেটি সাজি থৈ যাওক।তাক শিকাই থৈ যাওক জীৱন কেনেকৈ জী থাকিব লাগে,সমাজৰ লগত কি দৰে মিলিব লাগে।ঘৰ,গাড়ী সি নিজৰ উপাৰ্জনৰে ক্ৰয় কৰিব পাৰিব কিন্তু গুণবোৰ নোৱাৰে।সেয়ে শিশুৰ বাবে আপুনি আপোনাৰ কৰ্মৰে এখন পথাৰ এৰি যাওক যাতে আপোনাৰ পাছত সেই পথাৰত শিশুটোৱে কৰ্ষণ কৰে।সি আপোনাৰ আদৰ্শৰে মানৱৰ কল্যাণ কৰিবলৈ আগবাঢ়ি আহে,বৃদ্ধ অৱস্থাত আপোনাক লগ দিয়ে।আপুনি ভৱিষ্যতৰ নামত শিশুটোক এতিয়া লগ এৰা নিদিব,তাৰ বাবে পাৰ্থিব সম্পত্তি এগাল এৰি নাযাব।তাক ডাঙৰ হৈ কৰ্ম কৰি খাব পৰাকৈ গঢ় দি থৈ যাওক।
পৃষ্ঠাঃ ৪০
শিশু ম'ডেলঃ
১। আহানা দিনেশ পাই
মুম্বাই
২। হিয়ামণি কুশল দাস
বোকাখাত
৩। আদৰ্শিনী কাকতি
দেৰগাঁও
৪। ৰিতিশা দাস
বোকাখাত
পৃষ্ঠাঃ ৪১
শেষ পৃষ্ঠাৰ লেখাঃ
বীৰ পুৰুষ লাচিত বৰফুকন
মঞ্জিত হাজৰিকা
সহঃ সম্পাদক, অঙ্গন
অসম বুৰঞ্জীৰ সোণালী আখৰে লিপিবদ্ধ কৰি ৰখা এটি নাম লাচিত বৰফুকন।আহোম ৰাজত্ব কালৰ এজন অজেয় বীৰ লাচিত বৰফুকনৰ জন্ম হয় ১৬২২ খ্ৰীষ্টাব্দত শিৱসাগৰত। তেখেতৰ পিতৃৰ নাম আছিল মোমাই তামুলী। এজন কৰ্মদক্ষ নিষ্ঠাবান পিতৃৰ নুমলীয়া পো লাচিত বৰফুকনে ল'ৰালি কালৰ পৰাই দেউতাকক অনুসৰণ কৰিছিল। যাৰ ফলত লাচিত বৰফুকনেও নিজকে এজন কৰ্মপ্ৰাণ ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ প্ৰেৰণা পাইছিল।
লাচিত বৰফুকনে বৰফুকন উপাধি বৰ সহজতে পোৱা নাছিল। নিষ্ঠা আৰু একাগ্ৰতাৰে কৰা প্ৰতিটো কামৰ বিনিময়ত প্ৰথমে ঘোঁৰাবৰুৱা উপাধি লাভ কৰে। পিছলৈ পদোন্নতিৰ ফলত "দোলাকাষৰীয়া বৰুৱা" উপাধি লাভ কৰে। লাচিত "দোলাকাষৰীয়া বৰুৱা" হৈ থাকোতেই এবাৰ স্বৰ্গদেউৱে তেওঁক মাতি একেলগে কিছু দূৰ ফুৰিবলৈ যায়। এই সময়চোৱাতে স্বৰ্গদেউৱে বঙালৰ বীৰত্বৰ কথা কৈ লাচিতক কৰা এটা প্ৰশ্নৰ উত্তৰত তেওঁ এই বুলি কয় " স্বৰ্গদেউ ৰাজ্যতনো মানুহ নাই নেকি ? বঙালনো কি মানুহ হে। আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ ? স্বৰ্গদেউৱে আদেশ দিবহে লাগে। মন কৰি চাওক স্বৰ্গদেউৱে সুযোগ দিলে উপযোগি সেনাপতি ইয়াতে ওলাব।" লাচিতৰ এই আত্মবিশ্বাস ভৰা কথা শুনি স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিতক "দোলাকাষৰীয়া বৰুৱা"ৰ ঠাইত "বৰফুকন" উপাধি প্ৰদান কৰে।
বৰফুকন উপাধি গ্ৰহণ কৰিয়ে লাচিত বৰফুকনে দেশৰ সৈন্যৰ সংখ্যা বঢ়াবলৈ আৰম্ভ কৰাৰ লগতে তেওঁ সৈন্য সকলক বৰতোপ, শিলৈ, তৰোৱাল, ধেনুবিদ্যা শিক্ষা দিয়ে। তেওঁ সৈন্য সকলক স্থল আৰু জল পথৰ যুদ্ধৰ সম্পৰ্কেও শিকাই। লাচিত বৰফুকনে তেওঁৰ সেনাৰ মাজত কিছু লোকক ফুকন, শইকীয়া, হাজৰিকা আদি পাতি দি সৈন্যবাহিনীৰ তত্বাবধানতাৰ দায়িত্ব অৰ্পন কৰিলে। ইফালে স্বৰ্গদেউৱে মোগল সম্ৰাট ঔৰংজেৱক বছেৰেকীয়া কৰ দিবলে অমান্য হয়। ফলত ঔৰংজেৱ ক্ৰোধিত হৈ গুৱাহাটীৰ মোগলৰ প্ৰতিনিধি ৰছিদ খাঁক ঔৰংজেৱৰ পদচিহ্ন থকা মুকুট দি সন্ধিৰ বাবে পঠিয়াই।ৰছিদ খাঁই ৰাজদৰ্বাৰত স্বৰ্গদেউক সেৱা নকৰাৰ উপৰিও পদচিহ্ন থকা মুকুট উপহাৰ দিয়িৰ বাবে ক্ৰোধিত হৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিতক বিশাল সৈন্য লৈ মোগলক আক্ৰমণ কৰিবৰ বাবে গুৱাহাটীলৈ পঠিয়াই। ৰাম সিংহৰ লগত বিশাল সৈন্য বাহিনী দি অসম আক্ৰমণ কৰিবলৈ পঠিয়াই। ১৬৬৫ খ্ৰীষ্টাব্দৰ ৩ ভাদত লাচিত বৰফুকনে বিশাল সেনানী লৈ গুৱাহাটীৰ অভিমুখে যাত্ৰা কৰে। ১৬৬৭ খ্ৰীষ্টাব্দৰ ১৭ ভাদত আহোমে মোগল সৈন্যক পৰাস্ত কৰি বাঁহবাৰীৰ লগতে কাজীমুখ, তাঁতীমৰা, সোনাপুৰ, বোন্দা আৰু জয়দুৱাৰত থকা মোগল সেনাৰ শিবিৰ দখল কৰে। আহোম সেনা ইমানতে ক্ষান্ত নেথাকি ক্ৰমাৎ আগুৱাই আহিল। আহোম সেনাৰ বীৰত্ব দেখি মোগল সেনা পিছোৱাই যাবলৈ বাধ্য হ'ল। আহোম সেনাই মোগলক মানাহ নদী পাৰ কৰাই হাদীৰা চকী দখল কৰাৰ লগতে মোগলৰ শাসক ফিৰোজ খাঁক বন্দী কৰে। হাদীৰা চকী দখল কৰাৰ লগে লগে পৰাধীন অসম স্বাধীন হ'ল।
অন্যহাতে আহোমৰ হাতত পৰাস্ত হৈ ঔৰংজেৱ অতি লজ্জিত হ'ল। সেয়ে তেওঁ পৰাক্ৰমী বীৰ ৰাম সিংহৰ লগত বিশাল সেনানি পঠিয়াই আহোমক এশিকনি দিয়া কথা ভাবিলে। ৰাম সিংহই আগুৱাই আহি আগিয়াঠুৰি পালেহি। ইফালে লাচিত বৰফুকনে শৰাইঘাট গড়ত পহৰা কট্কটীয়া কৰিলে। চতুৰ মোগলৰ সেনাপতি ৰাম সিংহই শৰাঘাটৰ পহৰা দেখি স্থলপথ এৰি জলপথেৰে আগুৱাই আহিল। খবৰ পাই আহোম সৈন্যই জলপথত মোগল সেনাক আগভেটি ধৰিলে। দুয়ো পক্ষৰ মাজত তয়া-ময়া ৰণ হ'ল। ৰণত মোগল সেনা পৰাস্ত হৈ পিছোৱাই যাবলৈ বাধ্য হ'ল। জলপথত আহোম সেনাক বলে নোৱাৰি এইবাৰ আগিয়াঠুৰিৰে গুৱাহাটীত প্ৰবেশৰ দিহা কৰিলে। খবৰ পাই লাচিত বৰফুকনে মোমায়েকক গড় নিৰ্মাণৰ আদেশ দিয়ে। কিন্তু শেষ নিশালৈকে গড়ৰ কাম সম্পূৰ্ণ কৰাৰ পৰিবৰ্তে বনোৱা সকলক জিৰণি লোৱা দেখি লাচিত বৰফুকন অগ্নিশৰ্মা হৈ পৰিল আৰু "দেশত কৈ মোমাই ডাঙৰ নহয়" বুলি হেংডাং ওলিয়াই মোমায়েকক শিৰচ্ছেদ কৰে। সেনাপতিৰ এনে উগ্ৰ মুৰ্তি দেখি বনোৱা সকলে প্ৰাণ ঢালি কাম কৰিবলৈ আৰম্ভ কৰে আৰু নিশাৰ ভিতৰতে গড় নিৰ্মাণ কৰি ওলিয়াই। যাৰ ফলত আগিয়াঠুৰিতো মোগল সেনাই পৰাজয় মুখ দেখে।
প্ৰতিবাৰে পৰাজয় হ'লেও ৰাম সিংহই সুযোগৰ বাবে ৰৈ আছিল। ফলত বাৰিষা দিনত সুযোগ পায় ৰাম সিংহই অসম আক্ৰমণ কৰে। এই যুদ্ধৰ বাবে আহোম সৈন্য সাজু হৈ নথকাৰ বাবে প্ৰায় দহ হাজাৰ সৈন্য হেৰুৱাব লগা হয়। এই কথাত লাচিত বৰফুকনে বৰ দুখ পালে । বাকী থকা সৈন্যৰেই মোগলক বাধা দিয়াৰ মানসেৰে আগুৱাই আহিল। এই যুদ্ধত দৰঙীয়াল সকলে আহোমক সহায় কৰাত আহোমৰ জয় লাভ হয়। ইয়াতো ৰাম সিংহই বলে নোৱাৰি সন্ধিৰ প্ৰস্তাৱ আগবঢ়াই আগৰ দৰেই গুৱাহাটী এৰি দিবলৈ কয়। কিন্তু আতন বুঢ়াগোঁহাঞিয়ে মানি নোলোৱাত পুনৰ যুদ্ধৰ আৰম্ভ হয়। এইবাৰ ৰাম সিংহই ব্ৰহ্মপুত্ৰৰ বুকুৰে আগবাঢ়ি আহিল। সেই সময়ত লাচিত বৰফুকনৰ টান নৰিয়া। নৰিয়া গাৰেই লাচিত বৰফুকনে মোগলৰ লগত যুদ্ধ কৰি মোগলক পৰাস্ত কৰিলে।
এই জনা স্বদেশপ্ৰেমি বীৰ পুৰুষৰ ১৬৭১ খ্ৰীষ্টাব্দত মৃত্যু হয়। আজি অসমবাসীয়ে ২৪ নৱেম্বৰ তাৰিখত কেৱল লাচিত দিৱস হিচাপে পালন কৰিলেই তেওঁৰ কৰ্মদক্ষ্যতা আৰু বীৰত্বক সন্মান জনোৱা বুজাবনে ? আজি অসমীয়াই নিজক চিনি দেশ তথা জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে নিষ্ঠাৰে কৰ্ম কৰিলেহে এইজনা বীৰ পুৰুষক প্ৰকৃত সন্মান জনোৱা হ'ব।
সহায়ক গ্ৰন্থ:- (অসম বুৰঞ্জী, বীৰ বীৰাঙ্গনাৰ কাহিনী আৰু সামাজিক মাধ্যমত পঢ়া কিছু প্ৰৱন্ধ)
পৃষ্ঠাঃ ৪২
বেটুপাত ৪ঃ
0 Comments