পৃষ্ঠা ১
বেটুপাতঃ ১
পৃষ্ঠাঃ ২
বেটুপাত ২ঃ
পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাত আৰু বেটুপাতৰ শেষ পৃষ্ঠাৰ বাবে
ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰিবলৈ
অনুৰোধ জনোৱা হ'ল।
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰত
লেখা পঠিওৱাৰ নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 অক্টোবৰ, 2020
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হাততো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চৰাতঃ
১/ সম্পাদকীয়ঃ
শাৰদীয় অনুভৱ-- পৃষ্ঠা ৫
২/ প্ৰৱন্ধ: পৃষ্ঠা ৬-৯
ক/ শৰৎ শেৱালি কঁহুৱা ইত্যাদি(ইলামণি শইকীয়া)
খ/ জোনাকী পৰুৱা (অলকা গোস্বামী)
গ/অসমৰ বিভিন্ন লোকভাষাৰ ফকৰা যোজনা
(প্ৰণৱ ফুকন)
৩/ ধাৰাবাহিক উপন্যাসঃঃ পৃষ্ঠা ১০-১৩
ক/ধুমুহাই ভঙা সপোন (দুৰ্গেশ্বৰ শইকীয়া)
খ/অনুতপ্ত (বৃষ্টি বৰুৱা)
গ/অভিশ্ৰুতি (চয়নিকা বৰুৱা)
৪/ অণুগল্পঃঃ পৃষ্ঠা ১৪
ক/মানসিকতা ( হেমা চৌধুৰী গগৈ)
খ/ অস্তিত্ব(জোনাক জুমন কাশ্যপ )
গ/জোনাকৰ ৰং(বন্দনা দত্ত)
৫/ এক মিনিটৰ গল্পঃ পৃষ্ঠা ১৫-১৭
ক/আত্মিক (মুন্মি মহন্ত)
খ/ উকি (পমি গগৈ)
গ/পাগলী (পিংকী শইকীয়া)
৬/ অনুবাদ কবিতাঃ পৃষ্ঠা ১৮-১৯
ক/তোমাৰ হাঁহিটি (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ Your laughter (By Pablo Neruda)
খ/কাল্লু-চেল্লু
মূল বাংলাঃ স্বৰূপ চাঁদ
অনুবাদঃ বাসুদেৱ দাস
গ। গৈ থকাটোৱেই আমাৰ কাম
মূল (হিন্দী): শিৱমঙ্গল সিং 'সুমন'
অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন
৭/কবিতাঃঃ পৃষ্ঠা ২৬-৪৫
ক/তেওঁৰ চকুতেইতো এদিন জুই এদিন নদী
(ৰণ্জিত গগৈ)
খ/ দুখ (দুষ্যন্ত এম বৰুৱা)
গ/সোঁৱৰণিৰ কুঁৱলী ফালি সদায়ে যাক আঁজুৰি আনো (গীতৰাজ)
ঘ/ বিচ্যুত সুখৰ যন্ত্ৰণা (লিজা তালুকদাৰ)
ঙ/ যাত্ৰা (ভৃগু কুমাৰ)
চ/প্ৰিয়তমা (জিমিৰেখা শৰ্মা)
ছ/চাৰিটি কবিতাৰ স্তৱক (ৰেখা বৰকটকী)
জ/ ধৰ্ম (প্ৰতুল এচ্ কলিতা)
শাৰদীয় কবিতাঃ
ক/আহিনৰ দুটা কবিতা (অমৃত শইকীয়া)
খ/শৰতৰ প্ৰেমিকা মই শাৰদী (মনচুমী কলিতা নাথ)
গ/ উত্তৰণ (গীতা শৰ্মা )
ঘ/ হেঁপাহৰ শৰৎ (ৰঞ্জনা শৰ্মা)
ঠ/শৰতৰ বাতৰি (উপাসনা কাকতি)
ড/ আহিনৰ আগমনত (অসমা তুংখুঙীয়া)
ঢ/শৰৎ শৰৎ শৰৎ (ৰঞ্জনা পাঠক)
ণ/শৰৎ তোক বৰ ভালপাওঁ (বিনীতা লস্কৰ)
৮/ নিৱন্ধঃঃ পৃষ্ঠা ৩৫
যোগ কিয় আৰু কেনেকৈ কৰিব লাগে ?
(ভাৰ্গৱ কলিতা)
৯/ অনুভৱঃঃ পৃষ্ঠা ৩৬ আৰু ৩৮
ক/ শৰৎ অহাৰ পৰত মোৰ হৃদয়ত তোমাৰ অনুভৱ (ময়ুৰী ভট্টচাৰ্য বৰুৱা)
খ/ সাম্প্ৰতিক সময় আৰু কিছু শাৰদীয় অনুভৱ
(ৰীপা দোলাকাষৰীয়া)
১০/সাক্ষাৎকাৰঃ পৃষ্ঠা ৩৭
আশাদীপা শইকীয়াৰ সৈতে
(সাক্ষাৎ গ্ৰহণ : পৰিণীতা কলিতা)
১১/ ভ্ৰমণ কাহিনীঃঃ পৃষ্ঠা ৩৯
মোৰ ভ্ৰমণ ডায়েৰী-৪
নাম্চি আৰু গেংটক (শৰ্মীষ্ঠা বৰ্মন)
১২/ শিশু সাহিত্যঃঃ পৃষ্ঠা ৪০-৪১
ক/শিশুৰ আত্মবিশ্বাস গঢ়ি কৰ্মৰ মহত্ব বুজাওক (অজয় বৰুৱা)
খ/ শিশুৰ আচৰণ ( ৰাজশ্ৰী বৰা)
১৩/ গল্পঃঃ পৃষ্ঠা ৪২-৪৩
ক/ স্বপ্নদ্ৰষ্টা আঙুলিটো (আদৃতা শিৱম)
খ/ বন্ধুত্ব (পাপু দত্ত)
১৪/ ৰেচিপিঃ পৃষ্ঠা ৪৪
বাটাৰ বিস্কুট (সন্ধ্যাশিখা গগৈ)
১৫/ নীলা খামৰ চিঠিঃঃ পৃষ্ঠা ৪৫
(প্ৰস্তুতি শৰ্মা)
১৬/ মতামতঃঃ পৃষ্ঠা ৪৬
ক/সোণালী শইকীয়া
১৭/ শেষ পৃষ্ঠাৰ লেখাঃঃ পৃষ্ঠা ৪৭
কৃষি কৰ্ম আৰু যুৱ মানসিকতা
(মঞ্জিত হাজৰিকা)
পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ প্ৰিয়ংকা বৰা, লংকা, নগাঁও।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসমূহঃ
গোপাল কৃষ্ণ বাঢ়ৈ, দিপশিখা হাজৰিকা বৰুৱা, ৰিতু ভঁৰালী, প্ৰস্তুতি শৰ্মা, স্বপ্নমজ্যোতি কলিতা, অৰ্চনা শইকীয়া, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।
পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ
শাৰদীয় অনুভৱ
"শাৰদী কোমল জোনাক মায়াৰে
মন উতলা কৰে,
জুৰিটিৰ পাৰৰ কঁহুৱা ফুলিলে
মন উতলা কৰে।"
এতিয়া জোনে মায়া সানে। এই মায়াৰে হৃদয়বোৰত অনুভৱৰ ঝংকাৰ উঠে। এই মায়া শাৰদীয় মায়া।প্ৰেমৰ অনুভৱক হৃদয়ত সঞ্চাৰ কৰি চৌপাশে ভালপোৱাৰ বতাহ বলাই দিয়া মায়া। মন উতলা কৰা জোনাক যেন মাথোঁ শৰতে আনে। শৰত, যাৰ পৰশত শেৱালি ফুলে সুবাস ছটিয়াই, শৰত যাৰ সান্নিধ্যত কঁহুৱাই নাচে আৰু এই শৰতৰ আলিংগনতে অকাশত জোনটি স্নিগ্ধ হয়। মনোমোহা এই জোনাকৰ মায়া সনা আহিনৰ ৰাতিবোৰত এক আমেজ আছে। ৰুণজুন ৰুণজুন নূপৰৰ মাতে দূৰণিৰ বৃন্দাবনত ৰাস ৰছে...
শৰত কাল ৰাতি অতি বিতোপন
ৰাস ক্ৰিয়া কৰি হৰি...
মন প্ৰশান্ত হয়। হৃদয়ৰ ভালপোৱাই সম্পূৰ্ণ কৰে সাতোৰঙীন ৰামধেনুখন। চাই চাই নয়নৰ হেঁপাহ নপলায়। গৈ থাকে জোনাকৰ সৈতে অসীমৰ প্ৰেম ভৰা এখন পৃথিৱীলৈ। যিখন পৃথিৱী শেৱালিৰ সুগন্ধিত আমোলমোল, এইখন পৃথিৱীৰ ভাষাই যেন মৰম, ভালপোৱা। এই পৃথিৱীৰ প্ৰতিটো কোণত মাথোঁ হেঁপাহ উমলে, আশাৰ চেঁচা বতাহছাটি বলে দেহ মন জুৰ পেলাই দিয়াকৈ। মনে নিজৰ ধুনীয়া খিনি চুই চোৱাৰ এটি সুযোগ যেন মাথোঁ শাৰদীয় এই জোনাকৰ বুকুতে গোপন কৰি থোৱা হয়। কথাবোৰ গীত হৈ হৃদয়ত গুঞ্জন তোলে। আকাশৰ বুকুত ৰঙীন ছবি আঁকি ভালপোৱা জনলৈ উপহাৰ যাচে এই শৰতৰ কোমল জোনটোৱে।
আহিনৰ গোন্ধ লাগি গাভীনী হোৱা পথাৰৰ উদৰত লাহেকৈ পৰশ দি শৰতে কয় সপোন দেশলৈ এই বাটেৰেই যাওঁ আঁঁহা। তলসৰা শেৱালিয়ে মাটিৰ বুকুত নিজকে হেৰুৱাই দিয়া আগলৈকে সুগন্ধি হৈ কৈ যায়...
মই শেৱালি শাৰদীয় পুৱাৰ হাঁহি
তৰসৰো যিটি পৰত
নাযায় মোৰ যৌৱন পৰি
মই শেৱালি প্ৰতি শৰতৰ বুকুত প্ৰেম কৰি
মই হৈ পৰো পূৰ্ণাংগ পাহি।
এই শাৰদীয় অনুভৱে অঙ্গনৰ প্ৰতিজন কবি সাহিত্যিক লেখক তথা পঢ়ুৱৈৰ মনত চিৰসুন্দৰ ভাৱনাৰ জন্ম দিয়ক। তাৰেই কামনাৰে...
হেমেন নাথ
সম্পাদক
(9678696861)
অঙ্গন, পষেকীয়া ই-আলোচনী
পৃষ্ঠাঃ ৬
প্ৰৱন্ধঃ
শৰৎ শেৱালি কহুঁৱা ইত্যাদি...
ইলামণি শইকীয়া
দিছপুৰ
ফ'ন : ৮০১১৯৫৮৩১১
শৰৎ আহে সেই বাটেৰে
যি বাটত ডৰাডৰে শুকুলা সৰে...
কোন বাটেৰে আহে শৰৎ! কাৰ পৰশত শেৱালি লাজতে তল ভৰি সৰে৷ আহিনে কাণে কাণে আহি ক’লে.. মোক জানো নোপোৱা চিনি... কহুঁৱা ফুলা দিনবোৰত মোকেই বিচাৰি আহে শাৰদী ৰাণী৷
..... .... .... ....
সেই দিনবোৰে আজিও আমনি কৰে... কাহিলী পুৱা অথবা সন্ধিয়াৰ বেলিকা, সন্মুখৰ সেউজীয়া পথাৰত শৰতে পাৰি দিয়ে এখন বগা চাদৰ, কুঁৱলীৰ চাদৰ৷ ধান গছৰ পাতবোৰ সেমেকি থাকে, এটোপ দুটোপকৈ নিয়ৰ সৰে, কণমানি হাতৰ মুঠিত নিয়ৰ সাৱটি খোজ দিওঁ দুবৰিৰ দলিচাত৷ দেহ চুই যায় এক অনামী শীতল শিহৰণে৷ খোজ থমকি ৰয়গৈ জুনুবাহতঁৰ পদুলীৰ শেৱালিজোপাৰ তলত যেন বগা সূতাত ৰঙাৰে বুটা বচা এখন চাদৰ গোটেই বননিখনি ৷ অকণি অকণি হাতৰ মুঠিবোৰ ভৰি পৰে বগা বগা ফুলেৰে, কোঁচ ভৰাই সাৱটি ধৰোঁ সিহঁতক৷ কিবা এক অজানা অনামী গোন্ধ বিয়পি থাকে বতাহত, বিয়পি থাকে আমাৰ নিষ্পাপ বুকুবোৰত আৰু শেৱালিৰ মালাডাল চুই চুই ককাদেউতাৰ ফটোখনো গোন্ধাই থাকে শেৱালি শেৱালি--
অ’ শেৱালি
বননিৰ সৈতে কি কথা পাত তই ওৰে ৰাতি...
শেৱালি সৰি পৰা দিনৰ কোনোবা এটা চেঁচা সন্ধিয়াত এদিন কুঁৱলিৰ বগা জাল ফালি মই প্ৰেয়সী হৈ উঠিছিলোঁ এক স্নিগ্ধ, কোমল, পৱিত্ৰ অনুভৱৰ...এক বিষণ্ণ, অভিমানী, অবুজ অনুভৱৰ৷
০০০ ০০০ ০০০ ০০০
শৰতৰ আকাশ...মেঘমুক্ত নীলা...আকাশ...
তাৰ মাজতে চপৰা চপৰ শুকুলা মেঘৰ চুপতা চুপতি,
আকৌ পিচ মুহূৰ্ততে কেৱল নীলা...নীলা...
নীলিম সলিল ৰাশি
বাধাহীন উৰ্মিমালা...
০০০ ০০০ ০০০ ০০০
সৌৱা দিখৌৰ পাৰত সেয়া
কি বতাহত হালিছে জালিছে...
যেন প্ৰিয়জনেহে চেনেহী প্ৰিয়তমাৰ কাণে কাণে কিবা কৈছে, আলিঙ্গন কৰিছে...
নাৱৰীয়া ককাইৰো গীতৰ সুৰ পঞ্চমত উঠিছে...
কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি...
কোমল...আলসুৱা...আইৰ অমৃতবৰণীয়া কহুঁৱা ফুলাৰ বতৰ এইয়া৷
শাৰদী ৰাণীৰ ফেহুঁ ৰঙী হাতৰ কোমল পৰশত কহুঁৱাবোৰে হাঁহিব, হাঁহিবোৰ মুকুতা হৈ সৰি পৰিব...নাচিব বাগিব গাব...
কহুঁৱা ফুলৰ দৰে হোৱা মোৰ ইচ্ছা
কহুঁৱা কহুঁৱা গোন্ধোৱা মোৰ ইচ্ছা
আহিনৰ কুঁৱলি সৰা চোতালত
আতোলতোল আতোলতোল
এবুকু শাৰদী জোনাক হোৱাৰ মোৰ হেঁপাহ
০০০ ০০০ ০০০ ০০০
গেঁৰমেলা ধাননি, শুকুলা চাদৰে কুঁৱলিত বুটা বচা সপোনৰ টুকুৰা লৈ...শেৱালি অ’ শৰৎ...শাৰদী ৰাণী কহুঁৱা কহুঁৱা গোন্ধাইছে ...সেয়া কাৰ বুকুৰ পথাৰখনি...
যুগে যুগে সেই ধৰ্মীয় বিশ্বাসে জনগনৰ বুকু শিপাই স্থায়ী আসন লৈ বহিছে...অপশক্তিক দমন কৰি শান্তি প্ৰতিষ্ঠা কৰিবলৈকে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা মত্যলোকলৈ নামি আহে প্ৰতিবছৰে৷ ৰং-ধেমালিৰ উৎসৱ এই দুৰ্গাপূজা৷ ৰঙা নীলা পোচাক...বেলুন... আলোকেৰে কেইদিনমানৰ বাবে যেন মত্য হৈ পৰে অময়াপুৰী৷ চাৰিওফালে কেৱল ৰং আৰু পোহৰৰ মেলা৷ তাৰ মাজত তল পৰি যায় বানে ধোৱা ৰাইজৰ দুখ! দাৰিদ্ৰ্যতাই গৰকা জনগনৰ বুকুৰ হুমুনিয়াহবোৰ! এটা বেলুনৰ বাবে হয়তো কোনো শিশুৰ শৈশৱ হৈ পৰিব পাৰে ধূসৰময়...বেদনাসিক্ত৷ তথাপি প্ৰকৃতিৰ নিয়ম মানি শৰৎ আহিব’ই...শীতৰ সেমেকা ৰাতি ...নিয়ৰ গচকি গচকি...
০০০ ০০০ ০০০ ০০০
এয়াই শৰৎ ঋতু
সাজি কাচি ঋতুৰ ৰাণী
যাৰ বাবে নামি আহে মত্যলৈ
এয়াই উৎসৱৰ ঋতু
সুদূৰৰ কোমল কহুঁৱাবোৰ
চাই চাই অতীত ৰোমন্থনত ডুব যায় বেলি
... ... ...
শিল হোৱা বুকুখন দুহাতেৰে সাৱটি
শেৱালি,কুৱঁলি, কহুঁৱাৰ
কোমল হাতত ধৰি
কলীয়া মেঘক দূৰলৈ উৰুৱাই যি
সিয়েই শৰৎ কোৱঁৰ শাৰদী ৰাণীৰ...॥◼️
পৃষ্ঠাঃ ৭
প্ৰৱন্ধঃ
জোনাকী পৰুৱা
অলকা গোস্বামী
কাহিলীপাৰা, গুৱাহাটী
মো: ৯৫৯৯৯৫৯১৯৫
জোনাকী পৰুৱাৰ নাম ল'লেই এতিয়াও আমাৰ মন এক অনাবিল আনন্দেৰে ভৰি উঠে ৷ ষাঠি-সত্তৰ দশকৰ বোধহয় এনে কোনো ল'ৰা-ছোৱালী নাই যিয়ে জোনাকী পৰুৱাৰ পিচত দৌৰা নাই বা জোনাকী পৰুৱা ধৰি বটলত ভৰাবলৈ যত্ন কৰা নাই ৷ আমাৰ দাদা এজন আকৌ আৰু এখোপ ওপৰত আছিল ৷ তেওঁ বোলে জোনাকী পৰুৱা ধৰিবলৈ বিচাৰিছিল সন্ধিয়া তাৰ পোহৰত পঢ়িবলৈ ৷ সেই সময়ত বিজুলী বাতিটো নাছিলেই, ঘৰত কেৰাচিনৰ টিপচাকিও এটাহে জ্বলিছিল। গতিকে তেওঁৰ বাবে চাকিৰ বিকল্প হ'ব পাৰে জোনাকী পৰুৱা! কি যে সৰল মন!
জোনাকী পৰুৱা হ'ল গুবৰুৱা (Beetles) প্ৰজাতিৰ এবিধ কীট ৷ জানিবলৈ পোৱামতে পৃথিৱীত প্ৰায় দুহেজাৰ প্ৰজাতিৰ জোনাকী পৰুৱা আছে ৷ সকলো প্ৰজাতিয়েই যে পোহৰ বিলায় এনে নহয়। মাত্ৰ কিছু সংখ্যক প্ৰজাতিৰ পৰাহে পোহৰ বিচ্ছুৰিত হয় ৷ প্ৰজাতি অনুসৰি ৰঙা, নীলা, সেউজীয়া আৰু হালধীয়া পোহৰ বিলায় ৷ সাধাৰণতে মতা জোনাকী পৰুৱাই তলপেটৰ পৰা পোহৰ বিচ্ছুৰণ কৰি মাইকী পৰুৱাক প্ৰজননৰ বাবে আকৰ্ষণ কৰে ৷ কোনো কোনো প্ৰজাতিয়ে আকৌ খাদ্য-শৃংখলৰ বাবে এই কাৰ্য্য কৰে। অৰ্থাৎ নিজতকৈ সৰু আন প্ৰজাতিৰ পৰুৱাক আকৰ্ষণ কৰি ভক্ষণ কৰে ৷ টিপ টিপোৱা পোহৰৰ পৰা সিহঁতৰ আৰু এটা লাভ হয়। সিহঁতৰ শৰীৰত থকা দুৰ্গন্ধৰ বাবে শত্ৰু আঁতৰি পলায় ৷ মাইকী জোনাকীয়ে মাটিৰ ওপৰত কণী পাৰে। এমাহ মানৰ পিচত কণী ফুটি পলু ওলায় ৷ এই পলুবোৰ মাটিৰ তলত বা গছৰ বাকলিৰ ভিতৰত ঠাণ্ডা দিনবোৰত সোমাই থাকে ৷ পলুবোৰে মাটিতে থকা আন পোক-পৰুৱা, কীট-পতংগ, সৰু শামুক আদি ভক্ষণ কৰে ৷ ডাঙৰ হৈ জোনাকী পৰুৱাই ফুলৰ ৰেণু, মৌ আদি খায় ৷ কেতিয়াবা, বিশেষকৈ অতি বেছি শীতত প্ৰাপ্তবয়স্ক জোনাকী পৰুৱাই একো নোখোৱাকৈও বহুদিন গছৰ বাকলিৰ ভিতৰত বা মাটিৰ তলত সোমাই থাকিব পাৰে ৷
জোনাকী পৰুৱা প্ৰধানত: নাতিশীতোঞ্চ অঞ্চলৰ বাসিন্দা যদিও পৃথিৱীৰ প্ৰায়বোৰ শীত প্ৰধান যেনে: আমেৰিকা, অষ্ট্ৰেলিয়া, গ্ৰে'ট বৃটেইন, নিউজিলেণ্ড আদি দেশত জোনাকী পৰুৱাৰ বসতি আছে ৷ শীতৰ অন্তত গৰমৰ আৰম্ভণিতে ইহঁতে তিৰবিৰাই দেখা দিয়েহি ৷
বৰ্তমান জোনাকী পৰুৱাৰ বংশ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে। ইয়াৰ মূল কাৰণৰ ভিতৰত, জনসংখ্যা বঢ়াৰ লগে লগে মানুহৰ বসতি স্থানৰ বিস্তাৰ, কৃষি ভূমিৰ প্ৰসাৰ, কীট-নাশক ঔষধৰ বহুল প্ৰয়োগ, কৃত্ৰিম পোহৰ, শব্দ প্ৰদূষণ আদি উল্লেখযোগ্য ৷ জোনাকী পৰুৱাৰ এটা চাৰিত্ৰিক বৈশিষ্ট আছে। ইহঁতে কোনোপধ্যেই নিজৰ স্থান এৰিব নোখোজে। সেয়ে নানা কাৰণ বশত: ইহঁত শেষত নিজৰ ঠাইতে বিলীন হৈ যায় ৷
ইমানৰ পিচতো ২০১৯ চনৰ ২৩ জুনৰ 'টাইম্স অফ ইণ্ডিয়া' কাকতখনে এটা অতি সুখদ খবৰ দিছিল যে মহাৰাষ্ট্ৰৰ কেইখনমান জিলাৰ ৰাজামসি আৰু ভীমশংকৰ গাঁও, আহমেদ নগৰৰ ভানৰদাৰা গাঁও, কোল্হাপুৰৰ ৰাধানগৰী গাঁও আদিৰ বাসিন্দাসকলৰ মতে সদায় দেখি থকা জোনাকী পৰুৱাৰ তেওঁলোকৰ বাবে একো বিশেষত্ব নাই। কিন্তু গঢ় লৈ উঠা এই পৰ্যটন উদ্যোগে তেওঁলোকক আৰ্থিক সুৰক্ষা দিছে ৷ সেয়েহে তেওঁলোকে পৰ্যটকৰ খোৱা-লোৱা, থকাৰ আৰু সুৰক্ষাৰ দায়িত্ব লয় ৷ পৰ্যটকৰ পৰা কৰ-কাটলো সংগ্ৰহ কৰি পৰ্যটন বিভাগত জমা দিয়ে আৰু গাঁৱৰ ল'ৰাহঁতে গাইডৰ কাম কৰিও যথেষ্ট অৰ্জন কৰে ৷ তেওঁলোকৰ মতে জোনাকী পৰুৱাই গাওঁবাসীৰ জীৱনটো পোহৰ বিলাইছে ৷
'টাইম্স অব ইণ্ডিয়া' বাতৰি কাকতে যোৱা বছৰ(২০১৯ৰ) আগষ্ট মাহত আৰু এটা সুন্দৰ বাতৰি প্ৰকাশ কৰিছিল যে দিল্লী মহানগৰীৰ 'হাউজ খাচ' (Hauz khas) অঞ্চলৰ 'ডিয়েৰ পাৰ্ক'(Deer park)ত এদল পদব্ৰজীয়ে জোনাকী পৰুৱাৰ জাক প্ৰত্যক্ষ কৰে ৷ সেয়া তেওঁলোকৰ বাবে এক অতুলনীয় আনন্দৰ সময় আছিল ৷এয়া বৰ আশাপ্ৰদ কথা ৷ শেষত কওঁ যে স্থানীয় পৰিৱেশ কৰ্মী আৰু চৰকাৰে যদি একেলগে যোঁট বান্ধি কাম কৰে,অনাগত দিনত নতুন প্ৰজন্মই জোনাকী পৰুৱাৰ লগত মিতিৰালি পাতিব আৰু সেয়া হ'ব তেওঁলোকৰ বাবে এক সৌভাগ্যৰ কথা ৷ ◼️
পৃষ্ঠাঃ ৮
প্ৰৱন্ধঃ
অসমৰ বিভিন্ন লোকভাষাৰ ফকৰা - যোজনা
প্ৰণৱ ফুকন
দিল্লী
প্ৰতি ভাষাৰে সাধাৰণতে দুটা ৰূপ থাকে— এটা শিষ্ট আৰু আনটো লোকায়ত ৷ শিষ্ট ৰূপটো লিখিত ৰূপত আৰু সমজুৱা অনুষ্ঠানত ব্যৱহৃত হয় ৷ আনহাতে লোকায়ত ৰূপটো থাকে তৃণমূল পৰ্যায়ত ৷ ব্যাকৰণৰ ফালৰ পৰা অশুদ্ধ, অভব্য তথা নিষিদ্ধ ৰূপৰ মুকলি ব্যৱহাৰ লোকায়ত ভাষাৰ বৈশিষ্ট্য ৷ এই ৰূপটো ঘাইকৈ একোটা অঞ্চলৰ মানুহৰ কথা - বতৰাৰ লগত জড়িত আৰু ইয়াক লোকভাষা (folk language) নামেৰেও জনা যায় ৷ ভাষাৰ এই ৰূপটো সেই ভাষাৰ শিষ্ট, আনুষ্ঠানিক তথা শিক্ষিত লোকৰ বাগভংগীতকৈ ভালেখিনি পৃথক ৷ সাম্প্ৰতিক ভাষাবৈজ্ঞানিক চিন্তা-চৰ্চাত ভাষাৰ লোকায়ত ৰূপটোৱে বিশেষ মৰ্য্যাদা লাভ কৰিছে ৷ কাৰণ, তৃণমূল পৰ্য্যায়তহে ভাষা একোটাৰ প্ৰকৃত ৰূপটো লুকাই থাকে৷
অসমৰ সকলো লোকভাষাত যোজনাৰ সৃষ্টি হৈ আহিছে ; যেনে - দৰঙী, কামৰূপী, গোৱালপৰীয়া আৰু গড়গঁঞা ৷ আহোম ৰাজ্যৰ বিস্তাৰৰ ফলত গড়গঁঞা অসমীয়া ৰাজকীয় ভাষা ৰূপে পৰিগণিত হয় আৰু পাছত ৰাজ্যিক ভাষাৰ স্বীকৃতি পায় ৷ কেইটামান উদাহৰণেৰে কথিত বা লোকভাষাসমূহৰ যোজনাৰ সোৱাদ লওঁ আহক ৷ ইয়াৰে যিবোৰ শব্দ গৰগঁঞা অসমীয়াৰ শব্দতকৈ বেলেগ, তেনেবোৰ শব্দৰ গড়গঁঞা প্ৰতিশব্দ দিবলৈও চেষ্টা কৰা হ’ব ৷
দৰঙী যোজনা: এসময়ৰ দৰঙী ৰাজ্যৰ অন্তৰ্ভুক্ত অঞ্চলত প্ৰচলিত কথিত ভাষা গড়গঁঞা অসমীয়াতকৈ কিছু বেলেগ ৷ এই লোকভাষাত অনেক যোজনা পোৱা যায় ৷ আমি দুটামান যোজনাৰ ফালে চাওঁ আহক:
১) "হ’লোঁ ভকত নহ’লোঁ ভকত
খাই পেল্লো দিপেৰীয়াৰ ভোখত"
{পেল্লো (পেলালোঁ), দিপেৰীয়া (দুপৰীয়া), ভোখ (ভোক)}
ভকতে আনে ৰন্ধা ভাত-আঞ্জা নাখায় আৰু টৌখুটি মাৰি নিজে ৰান্ধি খায় ৷ পাছে পেটৰ ভোকে সকলো নীতি-নিয়ম পাহৰাই দিয়ে আৰু সেই সময়ত "ভোকেই ভাতৰ আঞ্জা"(গড়গঁঞা) ৷ অৰ্থৎ কোনো কোনো লোকে নিজৰ জয়ঢোল বজায়, কিন্ত ভিতৰি কোৱাভাতুৰি সদৃশ ৷ গড়গঁঞা সমাৰ্থক:
"নিয়মীয়ে নিয়ম কৰে
পালে একাদশী
গোটেই ৰাতি মাছ পোৰা খায়
বাঢ়নিটাৰত বহি"
(মানুহক দেখুৱাই নিয়ম নীতি মানে,কিন্তু তাত আন্তৰিকতা নাই)
২) "মাল আন্লো মাল ঝুঝাবা
মালে ধল্লা কটি খুজাবা"
(মাল মানে মল্লযোদ্ধা, wrestler, পালোৱান)
{আনলো (আনিলোঁ), ঝুঝাবা (যুজাবলৈ), ধল্লা (ধৰিলে), কটি (টিকা), খুজাবা (খজুৱাবলৈ)}
ভাটিদেশৰ পৰা অহা পালোৱান এটাক যুজত হৰুৱাবলৈ ৰজাই নিজ দেশৰ এটা পালোৱান আনি ভালদৰে খুৱাই - বুৱাই যুজলৈ পাচিলে ৷ পাছে ভাটিদেশৰ পালোৱানটো দেখি সি ভয়তে টিকা- মুৰ খজুৱাবলৈ ধৰিলে ৷ ভাল ফল পোৱাৰ আশাত ডাঙৰ কাম সপিলে কিছুমান মানুহে তেনে পৰিস্থিতিৰ পৰা পলাই সাৰিব খোজে - এই যোজনাটিয়ে তাকে দৰ্শায় ৷ শ্লীল-অশ্লীলৰ বিচাৰ হ’ব পাৰে বুলি গড়গঁঞা সমাৰ্থক দিয়াৰ পৰা বিৰত থাকিলোঁ ৷
(৩) "বৈৰ্হান বতৰৰ ভোছ,
পাত পাৰ আৰু খা।"
( বৈৰ্হান= বৰষুণ, ভোছ=ভোজ)
ৰাইজলৈ আগবঢ়োৱা ভোজ খাবৰ সময়তে বৰষুণ দিয়াত গোটেইখন পানী-বোকাৰে ভৰি পৰাত খেনোৱে উপায় দিলে - যিয়ে যেনেকে পাৰা নিজে পাত পাৰি খোৱাত ধৰিব লাগে। ইয়াত সামাজিক নিয়ম নামানিলেও দোষ ধৰোঁতা নাই। অৰ্থাৎ অসূচল অৱস্থাক যেনেতেনে কামফেৰা সমাধা কৰা।
পৃষ্ঠাঃ ৯
(৪) "গেইছিলু ঝিয়াকক চাবা লেগি,
বাৰে বাৰে মাক আহেই আগক লেগি। "
(গেইছিলু= গৈছিলোঁ, ঝিয়াক= জীয়েক, চাবা লাগি= চাবলৈ, আগক লাগি= আগলৈ/ সমুখলৈ)
বিয়াৰ বাবে ল'ৰা এজন এঘৰলৈ ছোৱালী চাবলৈ গৈছিল। সম্ভাব্য জোঁৱাইক আদৰিবলৈ জীয়েকৰ পৰিবৰ্তে ৰচকী মাকজনী বাৰে বাৰে তেওঁৰ সমুখলৈ অহাত বিৰক্ত হৈ ল'ৰাজনে ভোৰভোৰাইছিল। গতিকে এজনে পাব লগা আদৰ আন এজনে ল’বলৈ আগবঢ়া ৷ গড়গঁঞা সমাৰ্থক:
"পোলৈ বুলি ছোৱালী চাঁও
ঘূৰি ঘূৰি মোলৈহে পাঁও"
কামৰূপী যোজনা : এসময়ত কামৰূপ আহোম ৰাজ্যত নাছিল ৷ সেয়ে গড়গঁঞা অসমীয়াৰ প্ৰভাৱ এই অঞ্চলত কম ৷ শৰাইঘাটৰ ৰণৰ পাছত যদিও মানসলৈকে আহোমে দখল কৰে পাছত লালুক সোলাই বিনা যুদ্ধে গুবাহাটীলৈকে মোগলক এৰি দিয়ে ৷ ১৬৮২ খ্ৰীষ্টাব্দৰ ইটাখুলীৰ ৰণৰ পাছতহে মানস নৈলৈকে সমগ্ৰ অঞ্চল আহোমে নিগাজিকৈ দখল কৰে ৷ কামৰূপৰ কথিত ভাষা লিখিত অসমীয়া ভাষাতকৈ কিছু কিছু ক্ষেত্ৰত পৃথক ৷ কামৰূপ অঞ্চলত প্ৰচলিত যোজনা দেধাৰ ৷ কেইটামান কামৰূপী ফকৰা- যোজনাত ভূমুকি মাৰোঁ আহক ৷
ক) "বান্দাৰে সাগৰৰ পানী খাই শেষ কৰ্বা নৰে"
{বান্দাৰ (বান্দৰ), কৰবা (কৰিব), নৰে (নোৱাৰে)}
অৰ্থাৎ অক্ষম লোকে কোনো ডাঙৰ কাম কৰিবলৈ ল’লেও আউল লগায় আৰু তদ্ৰূপ ফলাফলহে পোৱা যায় ৷ ঠিক তেনেদৰে:
"ধোদে কি বান্ধিব আলি
বান্দৰে মুতি কি তিয়াব বালি?"
অযোগ্য জনৰ পৰা কৰ্ম্মফল লাভৰ বৃথা চেষ্টা কৰা বুজাবলৈ ব্যৱহাৰ হয় ৷
খ) "হ’ব চলি বুলব্ বাপ
তেহে গুছব্ মনৰ তাপ"
{চলি (ল’ৰা-ছোৱালী), বুলব (বুলিব), বাপ (দেউতা), গুছব (গুছিব)}
ল’ৰা-ছোৱালী নথকা মানুহে হা- হুমুনিয়াহ কাঢ়ি কেতিয়াবা সন্তানে মা-দেউতা বুলি মাতিলেহে মনত শান্তি পাব বুলি আশা কৰি থাকে ৷অৰ্থাৎ অসম্পূৰ্ণ কামনা কেতিয়াবা নহয় কেতিয়াবা পূৰ্ণ হ’ব, এই আশাত থকা ৷ সমাৰ্থক:
"আশাধাৰী প্ৰাণী, আশাই নিয়ে টানি"
গ) "বাপ জন্মোত নাই গাই ।
চাংলি পাতি দুবা যাই ।।"
(জন্মোত = জন্মত, চাংলি = চালনি, দুবা = খিৰোৱা)
কেতিয়াও গাই পুহি নোপোৱাজনে খিৰতী গাই এজনী পাই অত্যুৎসাহী হৈ পৰি চালনিৰ দৰে ফুটা আহিলা এটা লৈয়েই গাই খিৰাবলৈ গ'ল । গড়গঁঞা অসমীয়াত এই যোজনাটো এনে ধৰণৰ:
"সাত জনমত নাই গাই
কৰিয়া লৈ খিৰাবলৈ যায়''
ঘ) "মনে খোজে ৰাজা হ'ব
বিধাতাই বোলে খুজিহে খাব ।"
(খোজে = বিচাৰে, ৰাজা = ৰজা)
মানুহে মনেৰে বহু কিবাকিবি বিচাৰে, এনেকি কোনোৱে ৰাজপাটত বহাৰ সপোনো ৰচে ৷ পাছে জন্মতে বিধাতাই কপালৰ লিখন লিখি পঠায় আৰু সেইমতে ৰজা নহৈ খোজনীয়াও হৈ পৰাৰ নিদৰ্শন আছে ৷ গতিকে কপালৰ লিখন কোনেও খণ্ডাব নোৱাৰে ৷ গড়গঁঞা সমাৰ্থক:
"আইৰ ঘৰলৈ যাম, দুয়ো হাতে খাম
বিধাতাই বোলে ময়ো পিছে পিছে যাম"
গোৱালপৰীয়া যোজনা: গোৱালপাৰাৰ পশ্চিম আৰু দক্ষিণ সীমাত আছে পশ্চিম বঙ্গ আৰু বাংলাদেশ ৷ তদুপৰি এই জিলাৰ বহু অংশ কোঁচ ৰাজ্যৰ অন্তৰ্গত আছিল ৷ গতিকে গোৱালপৰীয়া লোকভাষাত বাংলা ভাষাৰ প্ৰভাৱ লক্ষণীয় । দুটামান গোৱালপৰীয়া যোজনাত চকু ফুৰাই চোৱা যাওক ৷
১) "কি কৈইব বৌয়েৰ গুণাগুণ
পান্তাভাতেৰ সাথে খাউৱাই পোৰা বেগুণ"
{কৈইব (ক’ম), বৌ (পত্নী, ঘৈণী), পান্তাভাত (পঁইতাভাত), খাউৱাই (খুৱাই), বেগুণ (বেঙেনা)}
পত্নীয়ে পইতা ভাত আৰু পোৰা বেঙেনাৰ পিতিকাৰে ভাতৰ লেঠা মৰাত গিৰিয়েকে পত্নীৰ গুণানুকীৰ্তন কৰি এইদৰে কৈছে ৷ ইয়াত প্ৰকৃততে পত্নীগৰাকী যে বিশেষ কামিলা নহয় তাকেহে কোৱা হৈছে ৷ গড়গঁঞা সমাৰ্থকত ঘৈণীয়েকৰ সলনি গিৰিয়েকৰ কথা কোৱা হৈছে:
"এতিয়াহে পালেহি ঘৰ পতা পৈ
কিলাবলৈ আহিছে খেৰদাল লৈ"
অন্যত্ৰ
"কি ক’ম মাহী আইৰ গুণ
এহাতে খাৰণী এহাতে লোণ"
২) "নোপোৱাৰ ঘৰত পাইছে নাতি
কাণ ফৰ্কাইছে ওপৰকাটি"
{ফৰকাইছে (ফুটাইছে), ওপৰকাটি (ওপৰ ফালে)}
বহু আশাৰ মূৰত নাতি এটা পাই আনন্দত আত্মহাৰা হোৱা মানুহে কি কৰিব, কি নকৰিব ভাৱিয়েই নাপায় ৷ অৰ্থাৎ একো নথকা মানুহে কিবা এটা পালে আনন্দত আত্মহাৰা হয় ৷ অৰ্থাৎ "নোপোৱাই পোৱা দিয়া পোৱা" ৷ (গড়গঁঞা)
সমাৰ্থক:
"মূৰত থলে ওকণিয়ে খায়,
মাটিত থলে পৰুৱাই খায়' ৷
৩) "কুন দিনাই মৰিল ভইচ
তাৰ কাথা এলাও কইচ ৷"
(কুন= কোন, ভইচ = মহ, কাথা = কথা, কাহিনী, এলাও= এতিয়াও, কইচ= কয়)
কামৰ পৰা ৰেহাই পাবলৈ চেষ্টা কৰি কাহানিবাই মৰা মহটোৰ কথা কৈ দুখ কৰি দেখুওৱা ৷ প্ৰকৃততে কামত ফাঁকি দিয়াহে উদ্দেশ্য ৷
গড়গঞা সমাৰ্থক:
"কলিয়াবৰত পৈয়েক মৰিল
ঢেকী দিওতে মনত পৰিল"
গড়গঁঞা যোজনা: গড়গাওঁ আছিল আহোম ৰাজ্যৰ ৰাজধানী ৷ অসমত প্ৰচলিত ভাষাৰ লগত টাই - আহোম ভাষাৰ বহু শব্দৰ সংমিশ্ৰণৰ ফলত উৎপত্তি হোৱা ভাষাকে গড়গঁঞা অসমীয়া ভাষা বোলা হয় ৷ যিহেতু অসমৰ এক বৃহৎ এলেকা আহোম ৰাজ্যৰ অধীন আছিল, সেয়ে গড়গঁঞা অসমীয়াক অসমৰ লিখিত ভাষাৰ স্বীকৃতি দিয়া হয় ৷ ইতিমধ্যে গড়গঁঞা অসমীয়া যোজনা দুটিমান প্ৰান্তীয় উপভাষাৰ যোজনাৰ সমাৰ্থক ৰূপে দিয়া হৈছে ৷ গতিকে আমি মাত্ৰ দুটা গড়গঞা যোজনা উদাহৰণ স্বৰূপে উল্লেখ কৰিলোঁ ৷
১) "এনেই মৰিছোঁ ঋষিৰ শাপত
তাতে দিছেহি ধানৰ ভাপত"
ইয়াৰ অৰ্থ হ'ল এটা বিপদৰ পৰা উদ্ধাৰ নৌপাওতেই আন বিপদত পৰা ৷
২) "কালিলৈ ৰাম ৰজা হ'ব আজি অধিবাস
কোনেনো জানিছিল ৰাম যাব বনবাস"
ৰাম ৰজা হ’বলৈ অধিবাস কৰি থাকোঁতেই কৈকেয়ীয়ে দশৰথৰ পৰা পাব লগা বৰৰ বিনিময়ত ৰামৰ বনবাস আৰু ভৰতৰ সিংহাসন আৰোহণৰ সৰ্ত্ত ৰাখিলে ৷ এনে এটা ভৱিষ্যতৰ কথা সকলোৰে সপোনৰো অগোচৰ আছিল ৷ এই যোজনাত অনিশ্চিত ভৱিষ্যতৰ কথা কৈ সকলোকে সাৱধান কৰি দিয়া হৈছে ৷
বিভিন্ন লোকভাষাই অসমীয়া ভাষাক চহকী কৰি তুলিছে ৷ এনে অৰ্থবহ যোজনাই সমাজত, মানুহৰ মানসত প্ৰভাৱ পেলোৱা স্বাভাৱিক ৷ সেয়ে যিকোনো পৰিবেশতে আমাৰ মনত এটা নহয় এটা যোজনাই ভূমুকি মাৰেহি ৷ এই যোজনাবোৰৰ ব্যৱহাৰ পুৰুষানুক্ৰমে হৈ আহিছে ৷ যোজনাবোৰে দিয়া বাৰ্তা, তাৰ অনুভূতি, কোনো কোনো যোজনাত ব্যৱহৃত ৰসাল কথাৰ অনুভূতি পৃথিৱীৰ সকলো প্ৰান্তৰ মানুহৰ অনুভূতিৰ সমপৰ্য্যায়ৰ আৰু সেয়ে ইয়াৰ গ্ৰহণীয়তা বিশ্বজনীন ।
পৃষ্ঠাঃ ১০
ধাৰাবাহিক উপন্যাসঃ
ধুমুহাই ভঙা সপোন
দুৰ্গেশ্বৰ শইকীয়া
মাজুলী
(যোৱা সংখ্যাৰ পৰা)
(পাঁচ)
স্বপ্নাই ৰাতিটো শুব নোৱাৰিলে । মোহনৰ কথাবোৰে তাইক আমনি কৰিবলৈ ধৰিলে । কিয়নো এনেকৈ ভাৱিছে মোহনে ? বাৰে বাৰে ঘূৰি ঘূৰি যেন প্ৰতিধ্বনিত হ'ল মোহনৰ সেই কথাষাৰ -- "তই এতিয়া নাভাবিলেও সময়ে তোক ভাৱিবলৈ বাধ্য কৰাব ।" বাৰে বাৰে কথাবোৰ পাগুলিবলৈ ধৰিলে তাই । একো যেন উত্তৰ নাই । তাই গাওঁবুঢ়াৰ ছোৱালী । অঞ্চলটোত দেউতাকৰ সন্মান আছে , প্ৰতিপত্তি আছে । সকলো আছে । মোহনে কোৱাৰ দৰে টোকোনা ঠেৰু ছিগা এটাৰ লগত গাওঁবুঢ়াৰ শিক্ষিত জীয়েকৰ মনৰ মিলনে স্বিকৃতি যে পাব সেয়াও আশা কৰা টান । সেইবুলিয়েই তাই জানো তাক পাহৰিব পাৰিব ? দুখীয়া হোৱাটোৱেই তাৰ অপৰাধ নে ? সিওটো মেধাৱী আছিল । সিও এটা চৰিত্ৰবান ল'ৰা । দহৰ হকে চিন্তা কৰা এটা সচা মানুহ । মানুহৰ সত্ত্বাক জানো অৰ্থ সম্পত্তি আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰে জোখা হয় ? বহুতো তথাকথিত উচ্চশিক্ষিত মানুহৰো দেখোন মানৱীয়তা বোলা একোৱেই নাই । নাই আন্তৰিকতা বোলা এটা বস্তু । তাৰ ডিগ্ৰী নাথাকিলেও মানৱতা আছে , সমাজৰ প্ৰতি দায়বদ্ধতা আছে । তাই ভাৱি একো পাৰ নোপোৱা হয় । মোহনে আচলতে তায়ো তেনেহব বুলিয়েই হতাশ হৈছে নেকি ? নাই , নহ'ব , বুজাব লাগিব তাক কথাবোৰ । শিক্ষা দিক্ষাত তাই আগবাঢ়ি যাব লাগিব । সেয়াও সচা কথা । তাইৰো এম , এ পঢ়াৰ হেঁপাহ আছে আৰু মোহনে দেখোন তাৰ বাবে উৎসাহ যোগাই আছে । মোহনেই তাইৰ প্ৰেৰণা হওক তাই আগুৱাই যাব ।
মনটো দৃঢ় কৰিলে তাই । তাই এম , এ পঢ়িব । লগতে মোহনৰ ব্যক্তিত্ব তাৰ সত্ত্বাকো সন্মান কৰিব । আন দহজনৰ তথাকথিত শিক্ষিতৰ দৰে তাইৰ মনটোক কেতিয়াও ঠেক হ'বলৈ নিদিয়ে । মোহনক তাই আকোঁৱালি ল'ব । সমাজৰ উদাহৰণ হিচাপে থিয় দিব । অৱশ্যে তাক বুজাবলৈ অলপ কষ্ট কৰিব লাগিব । সেইখিনি কষ্ট সেইখিনি ত্যাগ তাই কৰিব পাৰিব । সকলো বাধাৰ প্ৰাচীৰ ভাঙিবলৈ তাই সংগ্ৰাম কৰিব ।
.......................
স্বপ্নাৰ বিশ্ববিদ্যালয়ত পঢ়াৰ সকলো ব্যৱস্থা সম্পূৰ্ণ হ'ল । সহজেই তাই ডিব্ৰুগড় বিশ্ববিদ্যালয়তো চিট পালে । তিনিদিনৰ পিছতে তাই বিশ্ববিদ্যালয়লৈ যাব । পিছে এইকেইদিন মোহনৰ ছাটোও দেখিবলৈ নাই । তাই ভাৱিলে "কোনোপধ্যেই তাক হীনমন্যতাত ভুগিবলৈ দিব নোৱাৰি । তাক মানসিক ভাৱে সাজু কৰিবই লাগিব । তাই মোহনলৈ চিঠি এখন লিখিলে ।
মৰমৰ মোহন ককাইদেউ
মোৰ মৰমবোৰ লʼবি । সীমাহীন মৰমবোৰ কেৱলচোন তোৰ বাবেই । তোৰ কথা ৰাখি মই এম ,এ পঢ়িবলৈ ওলালো । তোক এবাৰ লগ পোৱাৰ বৰ ইচ্ছা আছিল । তই ভৱাৰ দৰে সময়ে মোক তোৰ প্ৰতি বৰ্তমানৰ দৰে থকা শ্ৰদ্ধা , মৰম , ভালপোৱাৰ বৰ্তমানৰ স্থিতি সলনি কৰিবলৈ বাধ্য কৰোৱাব নোৱাৰে । মোৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰীয়ে তোক কেতিয়াও সৰু কৰিব নোৱাৰে । মই বৃত্ত ভাঙিম । মই উদাহৰণ হিচাপে থিয় দিম । কেৱল তোৰ সাহস আৰু প্ৰেৰণাই হ'ব মোৰ জয় যাত্ৰাৰ কৱছ । বেছি নিলিখো । স্বপ্নাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তোৰ প্ৰেৰণাই সদায় আগত থাকিব । বুকুভৰা মৰমবোৰ লʼবি ।
ইতি
তোৰ স্বপ্না
চিঠিখন আকৌ এবাৰ পঢ়ি চালে তাই । আবেলিৰ সময়ত তিনিআলিৰ দোকানৰ পৰা ঘূৰি যোৱা জীপেনক লগ পাই তাৰ হাততে মোহনলৈ তাই চিঠিখন দি পঠিয়ালে । জীপেনেও তাইৰ চিঠিখন লৈ মোহনক দিয়াৰ প্ৰতিশ্ৰুতি দিলে ।
" দʼন্ট চিন্তা , চিষ্টাৰ । আই নʼলভ । বাট হেল্প আদাৰ লভ । আই গিভ মোহন । দʼন্ট চিন্তা" তাৰ স্বাভাৱিক কথন ভংগীৰে কৈ কৈ সি আগুৱাই গ'ল । স্বপ্নাই হাঁহিলে । বলিয়াটো কʼৰবাৰ । পিছে মনটো তাৰ বৰ পৱিত্ৰ । কিবা এক অনামী ভাৱে তাইক উন্মনা কৰি তুলিলে । ভূপেন দাৰ গীতৰ কলি এটা গুণগুণাই তাই ৰাস্তাটোৰে আগুৱাই গ'ল মামণিহঁতৰ ঘৰৰ ফালে ।
"মানুহে মানুহৰ বাবে , যদিহে অকণো নাভাৱে
ভাৱিব কোনেনো কোৱা সমনীয়া ........... ।"
ৰাস্তাৰ কাষৰ আমলখি জোপাত পৰি থকা চৰাই হালৰ এটা উৰা মাৰিছিল আঁতৰলৈ । তাই মন কৰিলে আনটোও ক্ষন্তেক পাছতে উৰা মাৰিলে প্ৰথমটো যোৱাৰ দিশলৈকে ।
(আগলৈ)
পৃষ্ঠাঃ ১১
চুটি উপন্যাসঃ
অনুতপ্ত
(যোৱা সংখ্যাৰ পৰা)
বৃষ্টি বৰুৱা
(১০)
আসসসসস.......!!! এটা বিকট চিঞৰ মাৰি সিদ্ধান্ত ৰিতিৰ গাতে অচেতন হৈ ঢলি পৰিল। অতৰ্কিতে ঘটি যোৱা ঘটনাটোত ৰিতি য়ে একো ধৰিব নোৱাৰি তাইৰ গাত ঢলি পৰা সিদ্ধান্তক জোৰকৈ খামুচি ধৰিলে। কিন্তু পেশীবহুল সিদ্ধান্তৰ শৰীৰৰ ভৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰি তাই সিদ্ধান্তৰ মুৰটো বুকুৰ মাজত সোমোৱাই মজিয়াতে বহি পৰিল। তাই দেখিলে সিদ্ধান্তৰ পেটৰ বাওঁফালৰ অংশত এটা চোকা কাঁচৰ টুকুৰা সোমাই আছে আৰু সেইফালেদিয়ে হোলোকা হোলোকে তেজ বৈ আহিছে। সিদ্ধান্তৰ তেজে তাই পিন্ধি থকা গাউনটোৰো ভালেখিনিয়ে তিয়াই পেলাইছে। তাই সিদ্ধান্তৰ মুখলৈ চাই জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে...
গুৰুম.....গুৰুম.....আসসসসস.......ম....ৰি....লো.....
লগালগ এসোঁতা গৰম তেজৰ চিটিকণি আহি ৰিতিৰ গালে মুখে পৰিলহি। তাইৰ গাটো যেন জোকাৰ খাই উঠিল.... মূৰটো ঘূৰোৱা যেন লাগিল তাইৰ। তাই অস্পষ্টকৈ দেখিলে তাইৰ পৰা অলপ দূৰৈত তেজ এদোঙাৰ মাজত অনুজ শুই আছে। তাই লাহে লাহে একো নেদেখা হৈ পৰিল, একো ক'ব নোৱাৰা হৈ তাই বহি বহিয়েই সিদ্ধান্তৰ গাৰ ওপৰতে মূৰটো পেলাই দিলে।
প্ৰায় দুঘন্টাৰ মূৰত চেতনা ঘূৰাই পালে ৰিতিয়ে। চেতনা ঘূৰাই পোৱাৰ পিছত নিজক হস্পিতেলৰ বিছনাত পাই পোনপ্ৰথমে আচৰিত হৈছিল তাই। কিন্তু অলপ দেৰি পিছত ঘটি যোৱা সকলোবোৰ ঘটনা মনত পৰাত তাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। নিজকে বৰ দোষী দোষী ভাৱ হ'ল ৰিতিৰ। তাইৰ কাৰণেই একো দোষ নথকাৰ পিছতো সিদ্ধান্তে আঘাত পাব লগা হোৱাৰ কাৰণে তাইৰ মনটো বেছি বেয়া লাগিল। নিজৰ জীৱন- মৃত্যুৰ সৈতে যুঁজি থকা সিদ্ধান্তক এবাৰ ওচৰৰ পৰা চাবলৈ খুব মন গ'ল ৰিতিৰ।
-বাইদেউ, মোৰ মাক এবাৰ মাতি দিবচোন......ৰুমত থকা নাৰ্ছ গৰাকীক মাকক মাতি দিবলৈ ক'লে ৰিতিয়ে। নাৰ্ছ গৰাকীয়ে তাইক অলপ কিবাকিবি পৰীক্ষা কৰি বাহিৰলৈ ওলাই গ'ল আৰু মাকক তাইৰ ওচৰলৈ পঠিয়াই দিলে। ৰুমৰ ভিতৰলৈ সোমাই অহা মাকৰ ৰঙা পৰি যোৱা চকু কেইটা দেখিয়ে তেওঁ যে খুব কান্দিছিল সেয়া গম পালে ৰিতিয়ে। আলফুলে সাৱটি ধৰিলে তাই মাকক।
-মা, তুমি কান্দি আছিলা ন', আৰু নাকান্দিবা। মই ভাল হৈ গ'লো চোৱা...মোৰ একোৱেই হোৱা নাই...সিদ্ধান্তে মোৰ একো হ'বলৈ নিদিলে। মা....প্লিজ মোক সিদ্ধৰ ওচৰলৈ লৈ যোৱা না। মোৰ কাৰণেই তাৰ আজি এইটো অৱস্থা। তাক এবাৰ ওচৰৰ পৰা চাবলৈ খুব ইচ্ছা গৈছে মোৰ। লৈ যোৱা না মা মোক তাৰ ওচৰলৈ.... একে উশাহতে কথাখিনি কৈ তাই এইবাৰ মাকৰ মুখলৈ চালে।
-মাজনী, তুমি এতিয়া সিদ্ধান্তক চাব নোৱাৰিবা। তাৰ আৰু অনুজৰ অপাৰেশ্যন চলি আছে। ডক্তৰে কৈছে দুয়োটাৰে অপাৰেশ্যন কমপ্লিট হোৱালে দেৰি আছে। মেজৰ অপাৰেশ্যন হৈ আছে দুয়োটাৰে.... মাকে কওঁ নকওঁ কৈ ক'লে কথাখিনি।
মাকৰ কথাখিনি শুনি ৰিতি থৰ লাগিল.... "মেজৰ অপাৰেশ্যন" শব্দটোৱে যেন তাইৰ তাইৰ কাণ, মগজুত বিন্ধি বিন্ধিবলৈ ধৰিলে। তাইৰ চকু স্থিৰ হৈ পৰিল, মজিয়াখনলৈ তাই একেথৰে চাই থাকিল। কান্দিবলৈও যেন তাই পাহৰি থাকিল। ইফালে ৰিতিয়ে চকুৰ টিপ এটাও নমৰাকৈ মজিয়াৰ ফালে একেথৰে চাই থকা দেখি মাকৰ চিন্তা লাগিল। মাকে তাইৰ গাত ধৰি জোৰেৰে জোঁকাৰি দিলে। মাকৰ জোঁকাৰণিত ৰিতি উচপ খাই উঠিল। মাকৰ মুখলৈ কিছুসময় চাই তাই এইবাৰ হুকহুকাই কান্দিবলৈ ধৰিলে। তেনেতে, তাইৰ ৰুমৰ দৰ্জা খুলি এটা ল'ৰা সোমাই আহিল। আনুমানিক ঊনৈশ- বিশ বছৰীয়া যেন লগা ল'ৰাটোৰ পিন্ধনত এটা বগা হাফ চাৰ্ট আৰু এটা পুৰণি জিন্সৰ পেন্ট। দেখাতেই আৰ্থিকভাৱে দুৰ্বল বুলি ধৰিব পৰা ল'ৰাটোৰ হাতত এখন ডায়েৰী। চুচুক চামাককৈ দৰ্জাৰ কাষতেই থিয় হৈ থকা ল'ৰাটোক দেখি ৰিতি আৰু মাক অলপ আচৰিত হ'ল। ল'ৰাটোক আগতে দেখা যেন নালাগিল তেওঁলোকৰ। চকুপানী খিনি মচি এইবাৰ ৰিতিয়ে ল'ৰাটোক তাৰ পৰিচয় সুধিলে,
-কোন হয় তুমি!! ইয়াত কিবা লাগিছিল??
-হয়, আপোনাৰ লগত অলপ জৰুৰী কথা আছিল। আপুনি ৰিতি বাইদেউ নহয় জানো? ল'ৰাটোৰ মুখত নিজৰ নামটো শুনি ৰিতি অলপ আচৰিত হ'ল। ল'ৰাটোৱে বাৰু তাইৰ নামটো কেনেকৈ জানিলে?? তাইটো ল'ৰাটোক চিনিও নাপায়।
-বাইদেউ, অলপ বহি কথা পাতিব পাৰিম নে?
পৃষ্ঠাঃ ১২
-হা!! অ' বহা বহা....
বিছনাৰ ওচৰতে থকা চকীখনতে বহি ল'লে ল'ৰাটোৱে। ৰিতিৰ মাকে তালৈ পানী এগিলাছ আগবঢ়াই দিলে। পানীখিনি খাই দীঘলকৈ উশাহ এটা টানি সি এইবাৰ তাৰ পৰিচয় দিবলৈ মুখ মেলিলে।
-বাইদেউ, আপুনি মোক চিনি নাপালেও মই আপোনাক ভালকৈয়ে চিনি পাওঁ। মোৰ নাম ৰাজু। মই অনুজ দাৰ লগতে থাকো।
অনুজৰ লগত থকা বুলি শুনি ৰিতি আৰু মাক সচকিত হৈ উঠিল।
ৰিতিয়ে ল'ৰাটোক তাইক কেনেকৈ চিনি পালে সুধিব লওঁতেই ল'ৰাটোৱে নিজেই কৈ উঠিল..
-বাইদেউ, আপুনি হয়তো ভাৱিছে মই আপোনাক কেনেকৈ চিনি পালোঁ!! মই সকলো ক'ম। সকলো বোৰ ক'বলৈকে মই আপোনাৰ ওচৰলৈ আহিছোঁ।
বাইদেউ...মই এখন বহুত ভিতৰুৱা গাঁৱৰ পৰা অহা। আজিৰ পৰা প্ৰায় তিনি বছৰৰ আগতেই মই কৰ্মৰ সন্ধানত চহৰলৈ ওলাই আহিছিলো। আহিয়ে ইয়াত এখন ৰেষ্টোৰেন্টত সহায়ক হিচাপে সোমাইছিলো। কিন্তু ৰেষ্টোৰেন্টৰ মালিকজনৰ ব্যৱহাৰটো ভাল নাছিল। কাম কৰাৰ সমানে খাবলৈ খুব কম দিয়ে। অতিপাত কষ্ট কৰিও মই ভোকত থাকিব লগা হয়। এদিন একেবোৰ কষ্টকে সহ্য কৰিব নোৱাৰি ৰাতি মই তাৰ পৰা পলাই আহিলো। ভোকৰ পেটে থকা কাৰণে মোৰ গাটো খুব বেয়া লাগিছিল, দুৰ্বল হৈ পৰিছিলো। ভোকতে পেটত বিষ উঠিছিল। তেনেকৈয়ে খোজ কাঢ়ি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰি এটা সময়ত মই মূৰ ঘূৰাই পৰি গৈছিলো আৰু যেতিয়া চকু মেলিছিলো তেতিয়া নিজকে হস্পিটেলৰ বিছনাত উদ্ধাৰ কৰিছিলোঁ। মোৰ কাষতে অনুজ দাই ডক্তৰৰ লগত কিবা কথা পাতি আছিল। মই প্ৰথমতে অনুজ দাক দেখি খুব ভয় খাইছিলো কিন্তু পিছত ডক্তৰৰ মুখেৰে মোক ৰাস্তাৰ কাষত মূৰ ঘূৰাই পৰি থকা দেখি হস্পিটেললৈ অনুজ দায়েই লৈ অনা বুলি শুনি তেওঁলৈ ভয়টো কমিছিল। তেওঁৰ প্ৰতি কৃতজ্ঞতাৰে মোৰ মনটো ভৰি গৈছিল। আৰু তাৰপিছত মোৰ দুৰৱস্থাৰ কথা শুনি অনুজ দায়ে মোক একেবাৰে তেওঁৰ লগতে লৈ আহিছিল আৰু তেতিয়াৰ পৰা মই তেওঁৰ লগতেই থাকো।
ৰাজুৰ দুৰৱস্থাৰ কথা শুনি ৰিতি আৰু মাক দুয়োৰে চকু চলচলীয়া হৈ পৰিল। ৰাজুক কৰা সহায়ৰ কথা শুনি এক মুহুৰ্তলৈ যেন দুয়োৱে অনুজে কৰা অপৰাধৰ কথা পাহৰি পেলালে। ৰিতিয়ে অনুজক এনে হেন অসহায় ল'ৰাটোক সহায় কৰা কাৰণে মনে মনে ধন্যবাদ জনালে।
ৰিতিহঁতৰ চলচলীয়া চকু দেখি ৰাজুয়ে এটা দীঘলীয়া হুমুনিয়াহ কাঢ়িলে। কাৰণ সি এতিয়া যি কথা ক'বলৈ গৈ আছে সেয়া শুনি ৰিতি বৰ বেয়াকৈ যে আচৰিত হ'ব সেয়া খাটাং। হয়তো তাই তাৰ কথাত বিশ্বাস নকৰিবও পাৰে, সেইকাৰণে সি প্ৰমাণ স্বৰুপে অনুজৰ ডায়েৰী খনকে লৈ আহিছে। বিষাদৰ চকুৰে এবাৰ ডায়েৰী খনলৈ চাই ৰাজুয়ে আকৌ ক'বলৈ ধৰিলে...
-অনুজ দাৰ মাক দেউতাক যোৰহাটত থকা কাৰণেই লাহে লাহে মইয়ে তেওঁৰ একমাত্ৰ লগৰীয়া হৈ পৰিছিলো। তেওঁ মোক নিজৰ আপোন দাদাৰ দৰেই মৰম কৰে। তেওঁ নিজৰ মনৰ সকলো কথা মোৰ আগত প্ৰকাশ কৰে আৰু তেওঁৰ মুখেৰেই মই আপোনাৰ কথা গম পাইছিলো। তেওঁৰ মুখেৰে আপুনি কৰা বিশ্বাসঘাটকতাৰ কথা শুনি মোৰো আপোনালৈ খুব খং উঠিছিল। বাইদেউ, আপুনিনো তেওঁৰ দৰে ইমান ভাল মানুহ এজনৰ লগত কিয় এনেকুৱা কৰিলে? জানেনে, বাইদেউ... আপুনি দাদাৰ হাতত দি থৈ যোৱা বিয়াৰ কাৰ্ডখন চাই চাই সেইদিনা দাদাই খুব কান্দিছিল। ভাঙি পৰিছিল তেওঁ। পাগলৰ দৰে আচৰণ কৰিছিল। দাদাৰ সেই অৱস্থা দেখি মোৰো খুব বেয়া লাগিছিল। তাৰ পিছৰ পৰাই দাদাই প্ৰায়ে অকলশৰীয়া কে থকা হৈছিল। মোৰ লগত কথা পতাও বন্ধ কৰি দিছিল। খোৱা বোৱাত মন নিদিয়া হৈছিল। কিবাকিবি টেবলেট কিছুমান কেৱল সদায় খাই থাকিছিল। আৰু এদিন..... কবলৈ লৈও ৰৈ গ'ল ৰাজু। কি বুলি নো প্ৰকাশ কৰিব সেই দিন টোৰ কথা.... কিমান যে আচৰিত আছিল দিনটো... বিশ্বাস-অবিশ্বাসৰ দোমোজাৰ দিন......
-আৰু এদিন কি ৰাজু....ৰাজু...নোকোৱা কেলৈ,, ৰাজু শুনিছা??
ৰিতিৰ মাতত ৰাজুৰ অতীতৰ ভাৱনাবোৰত ব্যাঘ্যাত জন্মিল। সি ৰিতি আৰু তাইৰ মাকৰ চকুলৈ লক্ষ্য কৰিলে। তেওঁলোকৰ চকুত
বিস্ময় আৰু কৌতুহল ৰ লগতে আতংকৰ ছবি স্পষ্ট। শোক টোৱে খুন্দা মাৰি ধৰিলেহি ৰাজুৰ। নিজৰ অজানিতেই তাৰ চকুৰে পানী নিগৰি আহিল। কান্দি কান্দিয়েই সি কৈ গ'ল সেই দিনটোৰ কথা...
এদিন ৰাতিপুৱাতেই এটা জৰুৰী কাম আছে বুলি ওলাই গৈছিল দাদা। বৰ অধৈৰ্য্য হৈ আছিল সেইদিনা। সৰু সৰু কথাতেই মোকো বহুত বাৰ টানকৈ কৈছিল। দাদাৰ মুখেৰে মই তাৰ আগলৈকে ইমান টানকে কথা শুনি পোৱা নাছিলো। খুব বেয়া লাগিছিল যদিও একো কোৱা নাছিলো মই। ওলাই যোৱাৰ আগতে মোক অলপ দেৰি হ'ব বুলি কৈছিল যদিও তাৰ পিছদিনা হে সন্ধিয়া সময়ত দাদা ঘৰ সোমাইছিল হি। কেতিয়াও এটা বেয়া বস্তু মুখত দিয়া নেদেখা দাদাৰ হাতত সেইদিনা আছিল এটা মদৰ বটল। প্ৰচণ্ড নিচাত থকা দাদাই মোৰ চকুৰ পচাৰতে এবটল মদ খাই শেষ কৰি দিছিল। খঙতে গোটেই ঘৰৰ বস্তু ভাঙি ছিঙি নষ্ট কৰি পেলাইছিল। মই বাধা দিবলৈ যাওঁতে মোকো গুৰুলাগুৰুলকৈ পিতিছিল। সমস্ত খং যেন তেওঁ মোৰ ওপৰতে তুলিছিল। মোক মাৰি মাৰি ভাগৰ লগাত তেওঁ মজিয়াতে শুই পৰিছিল। মইও কান্দি কান্দি পিছত বিষে - কোপে জৰ্জৰিত হৈ মজিয়াতেই ঢলি পৰিছিলো। ৰাতিপুৱা সাৰ পাই মোক তেওঁৰ কাষতে অচেতন হৈ পৰি থকা দেখা পাই ততালিকে মোক ডক্তৰৰ ওচৰলৈ লৈ গৈছিল। নিচাতে মোক কৰা প্ৰহাৰৰ কাৰণে তেওঁ ক্ষমা খুজিছিল আৰু কৈছিল যে তেওঁ হেনো আগদিনা এটা ডাঙৰ অপৰাধ কৰি পেলাইছে, তেওঁৰ অবিবেচক কাণ্ডৰ কাৰণে হেনো দুটি জীৱন শেষ হৈ গ'ল। আৰু সেইকাৰণেই পিছত নিজৰ ভুল বুজি অনুশোচনাত দগ্ধ হৈ দাদাই মদ্যপানৰ সহায়ত নিজৰ ভুল, দোষ পাহৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ঘৰলৈ আহি তেওঁৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ নোহোৱা হৈ পৰিল আৰু উঠি থকা খঙটো মোৰ ওপৰত প্ৰয়োগ কৰিলে। সেই সময়ত মোৰ কেনেকুৱা লাগিছিল সেয়া মই আপোনাক বৰ্ণনা কৰিব নোৱাৰোঁ বাইদেউ। সদায় সমাজৰ কামৰ লগত জড়িত এজন ব্যক্তিৰ হাতেৰেই যেতিয়া এক ভয়ংকৰ অপৰাধ সংঘটিত হয়, সেই ব্যক্তিজনৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেয়া মই নাজানো। হয়তো দাদাই কৰা অপৰাধৰ বাবে তেওঁ শাস্তি পোৱাটো উচিত, কিন্তু তাৰ লগতে তেওঁ মোৰ নিচিনা আন কেবাজনকো সহায় কৰি আৰ্জি থোৱা ভালখিনিক মোৰ নিচিনা মানুহে অনাদৰ কৰিব নোৱাৰোঁ বাইদেউ। দাদাৰ বৰ্তমান অৱস্হা সংকটজনক। কিন্তু আপোনালৈ অনুৰোধ থাকিল বাইদেউ, তেওঁ যদি সুস্থ হৈ উঠে তেনেহ'লে প্লিজ তেওঁক পুলিছৰ হাতত গতাই নিদিব। তেওঁ নিজে কৰা ভূলৰ বাবে অণুতপ্ত কিন্তু তেওঁ জেলত থাকিব নিবিচাৰে বাইদেউ। বাহিৰেদি সম্পূৰ্ণ স্বাভাৱিক যেন লাগিলেও অনুজ দা মানসিকভাৱে অসুস্থ। তেওঁ নিজৰ অপমান সহ্য কৰিব নোৱাৰিব। এইখন অনুজ দাৰ ডায়েৰী। মই জনাত গোটেই ডায়েৰী খনত আপোনাৰ কথাই লিখা আছে । আপোনাৰ যদি এতিয়াও মোৰ কথা বিশ্বাস হোৱা নাই, তেনেহলে এইখন পঢ়ি চাব....মই দাদাৰ ওচৰলৈ যাওঁ।
একেটা বহাতে গোটেই কথাখিনি কৈ চলচলীয়া চকুৰে ৰাজু ৰিতিৰ ফালে নোচোৱাকৈয়ে ৰাজু ৰুমৰ পৰা বাহিৰলৈ ওলাই গ'ল। আৰু ইফালে ৰিতি.....
বহি আছে তাই বিছনাতে মনে মনে। ক'ব কি!!!চকুকেইটাত যেন প্ৰাণ নাই। মাথো অলপ আগলৈ বৈ থকা চকুপানী খিনি গালতে শুকাই বৈ অহাৰ প্ৰমাণ স্বৰুপে গালত চাঁপ বহাই থৈ গৈছে। নিথৰ হৈ বহি থকা ৰিতিৰ সমস্ত শৰীৰ যেন এক অদ্ভুট জড়তাই গ্ৰাস কৰিছে। এক বৰ্ণনাহীন জড়তা। জীৱনৰ এক অদ্ভুট মেৰপাক। এক অদ্ভুট মৰীচিকা। যি দেখিছোঁ সেয়া সঁচা নহয়.....ৰাজুৰ কথাখিনিয়ে যেন সকলোবোৰ খেলিমেলি কৰি দিলে। মৰীচিকা খেদি খেদি ৰিতি যেন নিজেই এক মৰীচিকা হৈ পৰিল। 'বিশ্বাসঘাটকতা'..... সকলোবোৰ টো এই শব্দটোৰ পৰাই আৰম্ভ হৈছিল। তেনেহ'লে প্ৰকৃত দোষী কোন? ৰিতি নে অনুজ??? অনুজে যি কৰিলে সেয়াওটো ৰিতিৰ কাৰ্যৰে প্ৰতিক্ৰিয়া। তেনেহ'লে অনুজতকৈও চোন ৰিতিয়েহে বেছি দোষী। ৰিতি দোষী...দোষী....দোষী.....
ৰিতিৰ কাণ দুখন যেন বাজিবলৈ ধৰিলে...তাই কাণ দুখন জোৰত চেপা মাৰি ধৰিলে। আসসস, এই যন্ত্ৰণা অসহ্যকৰ...অসহ্যকৰ....
তেনেতে , হঠাৎ এগৰাকী নাৰ্ছ ফোপাই তাইৰ ৰুমলৈ সোমাই আহিল।
(আগলৈ)
পৃষ্ঠাঃ ১৩
ধাৰাবাহিক উপন্যাসঃ
অভিশ্ৰুতি
চয়নিকা বৰুৱা
যোৰহাট
৯৭০৬২৬৯১০০
(১)
পিত্ পিত্ পিত্
•আহ্..এনেকৈ কিয় টান মাৰি আনিলা?
•মোক সুধিছা? বাটেৰে যাওঁতে অলপমান সাৱধানতা অবলম্বন কৰিব লাগে বুলি পাহৰিলা?গাড়ীখন একেবাৰে গাতেই লাগিল হেঁতেন...অলপত।
(প্ৰিয়াই টানি ননা হ'লে কি হ'ল হেঁতেন বাৰু? মইয়ো যে আৰু দেই...বাটত আহোঁতে কি মন কৰি আহো বাৰু)
•অহ্..এতিয়াহে ভাবিছো..Thankyou.
•Welcome.
•বুলি ভাবিছা নি?ভুলতো নাভাবিবা..
•What????
•Bye Bye...miss hathi (মৰমতে প্ৰিয়াক মই miss hathi বুলি মাতো।কিন্তু তাইৰ বৰ খং উঠে আৰু তাকে চাই মোৰ বৰ হাঁহি উঠে)
•আ...হ..কিনো??? আৰে শ্ৰুতি শুনাচোন...অই শুনাচোন.....ধেৎতেৰিকা..কি ছোৱালী অ'? যাওঁগে যা।
•হুহু..হুহু...হুহু..পাগলিজনী ...খঙত একেবাৰে অগ্নিদেৱতা হৈ ঘৰমূৱা হৈছে...Miss hathi. মা অ.......মা.........ক'ত আছানো? তোমাক ভাল খবৰ এটা দিব আছে। মা অ....মা.....
•কি হ'ল মাজনী? ইমানকৈ চিঞৰি আহিছা যে..কথাতো কি?
(মায়ে মৰমতে মোক মাজনী বুলি মাতে)
•অ....মা...শুনাচোন..আমাৰ ঘৰৰ ওচৰৰ নীলাক্ষী বাৰ কালি মাইনা এটা হ'ল..আজি টিউচনৰ পৰা আহোঁতে বাটতে পাই মামীয়ে ক'লে।
•হয় নি? বৰ ভাল লাগিল শুনি..আজি খৱৰ এটাকে লৈ আহিবগে লাগিব। বাৰু তুমি যোৱা...কিবা এটা খাই লোৱাগে।
•হ'ব মা।
(এই বুলি কৈ দৌৰ মাৰি গৈছিলো হে...সন্মুখত তাক দেখা পাই মই থৰ লাগিলো)
ধক্....ধক্
(আগলৈ)
পৃষ্ঠাঃ ১৪
অণুগল্পঃ
মানসিকতা
গে'টৰ তলাটো বৰকৈ বাহিৰৰ পৰা জোকাৰি থকা দেখি বৰুৱানীয়ে জুমি চালে। বাহিৰত বৰুৱাৰ বাগিচাত দৈনিক কাম কৰা ৰামেশ্বৰক দেখি বৰুৱানীয়ে ক'লে -" কি হ'ল ৰামেশ্বৰ ? তহঁতে মানুহটোক এদিনো শান্তি নিদিয় নে ? যা যা আজি পইচা পাতি একো নাপাৱ। মানুহটো যে কৰ'ণা হৈ পৰি আছে জাননে নাই হুঁ ? "
" হয় বাইদেউ জানো। সেইবাবে মই পথাৰৰ মাজৰ পুখুৰীটো সিঁচি চাৰলৈ শিঙি মাছ কেইটামান আৰু ঘৰৰ লোকেল কুকুৰাৰ কণী কেইটামান লৈ আহিছিলো, আপুনি গে'টখন খুলিব নালাগে বাৰু। মই ইয়াতে ওলোমাই থৈছো লৈ যাওক। " ৰামেশ্বৰে কথাখিনি কৈয়ে চাইকেলখন ঘূৰাই গুচি গ'ল। বৰুৱানীয়ে কৰা ব্যৱহাৰত, নিজৰ কৰ্মচাৰীৰ ওচৰতে তেওঁ আজি সৰু হৈ পৰিল।
হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্যঃ ৭০০২৯৬১৩৬২
অস্তিত্ব
এসময়ত চহৰখনত টকাৰ জোৰত দপদপাই থকা সনাতন চৌধুৰী আজি এখন বৃদ্ধাশ্রমৰ বাসিন্দা |
টকাৰে সকলো কিনিব পাৰি বুলি ভবা চৌধুৰীয়ে নিজৰ সন্তানৰ ওচৰত নিজৰ অস্তিত্ব কিনাৰ অসমৰ্থ হৈ ৰ'ল ||
জোনাক জুমন কাশ্যপ (অন্বেষা)
দেৱীচৰণ বৰুৱা ছাত্রী মহাবিদ্যালয়
তিতাবৰ,যোৰহাট |
জোনাকৰ ৰং
সকলো সময়তে ৰঙীন হৈ থকা তনয়াই আজিকালি সকলোতে বৰ্ণহীন অনুভৱ কৰে। বাহিৰত মানুহক দেখুৱাই হাঁহি মাতি থাকিলেও অনবৰতে তাইক মানসিকভাবে শোষণ কৰি থকা জীৱন সংগী জনক তাইৰ তেজ শোহা এটা জোক যেন লাগে, যি তাইৰ জীৱনৰ ৰংবোৰ শুহি শুহি খায়।
বন্দনা দত্ত,
দেৰগাঁও
ভ্ৰাম্যভাষ-৯১০১৭৪০৮৩৯
পৃষ্ঠাঃ ১৫
এক মিনিটৰ গল্পঃ
আত্মিক
সিহঁতে ইজনীয়ে সিজনীক লগ পোৱা নাছিল। নাছিল কোনো তেজৰ সম্পৰ্ক। তথাপি বুকুত গঢ় লৈ উঠিছিল ইজনীৰ সিজনীৰ প্ৰতি অসীম আদৰ, হেঁপাহ আৰু মৰমৰ এক সুকীয়া বান্ধোন। সুখত সুখী হ'ব পৰাকৈ আৰু দুখবোৰ ভগাই ল'ব পৰাকৈ কাৰোবাক পোৱাটোও কম কথানে ?
পঁচিশ বছৰৰ মূৰত আজি আটায়ে লগ হৈছে। এসময়ৰ জেদ-বিবাদ, ঠেহ-পেঁচবোৰ মনত পেলাই হাঁহিত ঢলি পৰিছে ইজনীয়ে সিজনীৰ গাত। আটাইতকৈ সৰুজনীয়ে বনাই অনা তিনি খলপীয়া কেকটোত লিখা আছে...
"ৱি আৰ টুগেদাৰ ফৰএভাৰ।"
গুমগুমাই উঠিছে গুৱাহাটীৰ "বিষ্ণু নিৰ্মলা ভৱনৰ" সৰু হলটো।
নিমন্ত্ৰিত অতিথিৰ ভিতৰত আছে এসময়ত সেই পোন্ধৰজনীয়া ৱাটচ্ এপ গ্ৰুপটোক গছিপিং চেণ্টাৰ নাম দি ফেইচবুকত পোটক তোলা আটাইকেইগৰাকী খ্যাতনামা মহিলা। তেওঁলোকৰ হাতত তুলি দিয়া হৈছে একোখনকৈ কিতাপ, সেই গ্ৰুপৰে সদস্যাৰ। অনুষ্ঠানৰ সফলতাত কাৰোবাৰ মুখত আজি বিজয়ৰ হাঁহি আৰু কাৰোবাৰ মুখত ঈৰ্ষাৰ অভিব্যক্তি।
মুন্মি মহন্ত
পৃষ্ঠাঃ ১৬
এক মিনিটৰ গল্পঃ
উকি
আজি বহু বছৰৰ পাছত সংসাৰ আৰু ল'ৰা ছোৱালী দুটাৰ দায়িত্ব মানুহজনৰ হাতত দি শেৱালি পেহীয়েকৰ ঘৰলৈ আহিছে। পেহীয়েকৰ ঘৰ সৰু চহৰ খনৰ ৰেল ষ্টেচনটোৰ কাষতে। আবেলি পেহাকৰ লগত কথা পাতি শেৱালি আগফালৰ চোতালত বহি আছিল। এখন পেচেঞ্জাৰ ট্ৰেইন ষ্টেচনৰ পৰা ওলাই সিহঁতৰ পদূলিৰ আগতে ৰৈ গ'ল।
"পেহা এইখন কিয় ৰৈ গ'ল ?" -- শেৱালিয়ে সুধিলে।
"অ' ৰাজধানীখন আহিবলে হৈছে। গতিকে সেইখন পাৰ হৈ যোৱাৰ পাছত হে পেচেঞ্জাৰখন যাব। এনেকুৱা হয় দূৰণি-বটীয়া ৰেল আহিলে পেচেঞ্জাৰখন ৰৈয়ে দিয়ে " -- পেহাকে ক'লে ।
অলপ সময়ৰ পাছত এখন ৰঙা ৰঙৰ তীব্ৰ বেগী লাস্যময় ৰেল প্ৰচণ্ড উকি মাৰি পেচেঞ্জাৰখনৰ কাষেৰেই পাৰ হৈ গ'ল। কিবা এটা যেন অহংকাৰ আছিল ৰেলখনৰ! সেইখনৰ তুলনাত পুৰণি ৰঙহীন ডবাবোৰেৰে পেচেঞ্জাৰ ট্ৰইনখনক বৰ ভাগৰুৱা আৰু সৌন্দৰ্যহীন লাগিছিল।
চাট্ কৰে কিছুমান স্মৃতিয়ে শেৱালিৰ বুকুটো খুন্দিয়াই থৈ গ'ল। তাই আৰু নিয়ৰ দুয়োজনী তিনিমিনিটৰ অগা-পিছাকৈ জন্ম হৈছিল। জেদী, অত্যন্ত মেধাৱী নিয়ৰ অন্যহাতে শেৱালি আছিল সৰল আৰু মধ্যমীয়া মেধাৰ । মেট্ৰিক পাছ কৰি স্বাভাৱিকতে নিয়ৰে বিজ্ঞান শাখাত আৰু শেৱালিয়ে কলাশাখাত এডমিশ্যন ললে । দুবছৰ পাছত উচ্চতৰ মাধ্যমিক সুখ্যাতিৰে পাছ কৰা নিয়ৰে গুৱাহাটীত ইঞ্জিনীয়াৰিং পঢ়িবলৈ গ'ল। প্ৰথম বিভাগত পাছ কৰা শেৱালিক দেউতাকে বুজাইছিল
"তই কাপোৰ চিলাবলৈকে শিক। দেখিছই নহয় আমাৰ মিলটোৰ ওচৰে-পাজৰে আৰু দুটা মিল বহিল। উপাৰ্জন কমি গৈছে। আজিকালি ধানো বেছি বিক্ৰী কৰিব নোৱাৰো। নিয়ৰকে বহু পইছা লাগে।ভায়েৰ দুটা আছেই...."
তাই ইতিহাসক সন্মানীয় বিষয় হিচাপে পঢ়িম বুলি ভাবি জ্যোতিকা বাইদেউৰ পৰা আনি থোৱা প্ৰাচীন ভাৰতৰ কিতাপখনত শেষবাৰৰ বাবে হাত ফুৰাই জপাই থলে।
নিয়ৰ এতিয়া দেশৰ এটা আগশাৰীৰ কম্পেনীৰ বিষয়া। তাইৰ মাহেকীয়া দৰমহা সিহঁতৰ অঞ্চলটোৰ আলোচনাৰ বিষয়। একেলগে চাকৰি কৰা মুম্বাইৰ মাইকেল নামৰ ল'ৰাজনৰ লগত নিয়ৰৰ সুখৰ সংসাৰ।
শেৱালি ঘৰৰ আদৰৰ জীয়ৰী কিন্তু প্ৰশংসাবোৰত সদায় নিয়ৰৰ আধিকাৰ।
কোনোবা আগুৱাই যাবলৈ কোনোবাটো পেচেঞ্জাৰ হ'বই লাগিব। এটা হুমুনিয়াহ এৰি শেৱালিয়ে ভাবিলে।
"মাজনী সোমাই আহ, চাহ দিছো ।" পেহীয়েকৰ মাতত তাই বহাৰ পৰা উঠিল। দূৰৈত ৰাজধানীৰ উকিটো অণুৰণিত হ'ল।
শ্ৰী পমি গগৈ।
আমগুৰি।
পৃষ্ঠাঃ ১৭
এক মিনিটৰ গল্পঃ
পাগলী
তাৰ ওঁঠত জিলিকি উঠিছিল এটি বিজয়ৰ কৃত্ৰিম হাঁহি।যেতিয়া সি বন্ধু জনৰ পৰা খবৰটো পাইছিল যে তাই আৰু সুস্থ অৱস্থাত নাই, হেৰুৱাই পেলালে মানসিক ভাৰসাম্য, তাইক লৈ যোৱা হৈছে এখন মানসিক চিকিৎসালয়লৈ।
তেতিয়াই তাৰ মনৰ পৰা আঁতৰি গৈছিল ইমান দিনে লৈ ফুৰা এটি গধুৰ বোজা। এতিয়া আৰু তাৰ ভয়-শংকা নাই সমাজত ভদ্ৰতাৰ মুখাখন খহি পৰাৰ। কাৰণ তাই এজনী পাগলী বুলি ইতিমধ্যে প্ৰচাৰ হৈ গৈছে, গতিকে পাগলীৰ কথা কোনে বিশ্বাস কৰিব ? কোনে বিশ্বাস কৰিব সিয়ে যে তাইৰ লগত প্ৰেমৰ অভিনয় কৰি, প্ৰতাৰণা কৰিলে, বিশ্বাসঘাটকতা কৰিলে তাইৰ ভালপোৱাৰ লগত। বাধ্য হ'ল আজি তাই সকলো হেৰুৱাই পাগলী হ'বলৈ। সঁচা প্ৰেমৰ বিনিময়ত তাই আজি এটি উপহাৰ পালে নতুন নাম 'পাগলী'।
এখন বিশাল যুদ্ধ জয় কৰাৰ দৰে সি সুখী হৈছিল সেই দিনা আৰু নাছিল তিলমানো অনুশোচনা। ভদ্ৰতাৰ মুখাখন নকৈ মেৰিয়াই আকৌ সি খোজ দিছিল ভদ্ৰ সমাজত।আৰু তাই চিঞৰিছিল কোনোবা এটা আন্ধাৰ বন্ধ কোঠাত,"মই পাগলী নহয় ঔ, মোক লৈ যা ইয়াৰ পৰা।"
আজিও তাই হাঁহে, কান্দে, গীত গাই , কথা পাতে বন্ধ কোঠাৰ মাজত নিজৰ লগতে। মাথোঁ তাইৰ ভৰিত লাগি থাকে নূপুৰৰ দৰে এডাল লোহাৰ শিকলি।
শ্ৰী পিংকী শইকীয়া।
জাঁজী জামুগুৰি।
পৃষ্ঠাঃ ১৮
অনুবাদ কবিতাঃ
তোমাৰ হাঁহিটি
(Your laughter by Pablo Neruda,1904-1973)
মোৰ ভোকৰ ভাত কাঢ়ি নিয়া
যদিহে বিচাৰা তুমি;
লৈ যোৱা বতাহ আঁজুৰি
কিন্তু, মোৰ পৰা
নিনিবা আঁতৰাই তোমাৰ হাঁহিটি ৷
নিনিবা দূৰলৈ তুমি ছিঙি লোৱা
সেই কাঁইটীয়া গোলাপৰ পাহি,
হঠাৎ উদ্বেলিত আনন্দৰ জলধি,
তোমাৰ শৰীৰৰ ঢৌ ৰূপোৱালী ৷
ৰূঢ়মোৰ জীৱন সংগ্ৰাম আৰু
কেতিয়াবা ক্লান্ত হওঁ মই
দেখি এই গতানুগতিক পৃথিৱী,
কিন্তু মোক বিচাৰু
তোমাৰ হাঁহিয়ে আকাশ স্পৰ্শিলে
মোৰ জীৱনৰ সমস্ত দুৱাৰ হয় যে মুকলি ৷
মোৰ সোণ!
মোৰ বিষাদতম মূহূৰ্তত তুমি হাঁহিবা,
আৰু হঠাৎ যদি তুমি বাটৰ পাথৰত
মোৰ তেজৰ চেকুৰা দেখা, হাঁহিবা ,
কাৰণ, তোমাৰ হাঁহি হ'ব মোৰ হাতত
এক নতুন শাণিত তৰোৱাল ৷
শাৰদীয় সমূদ্ৰটত তোমাৰ হাঁহিয়ে
সাগৰত উচ্ছল জোৱাৰ আনক,
আৰু সোণ! বসন্তত তোমাৰ হাঁহি
মই বিচাৰি থকা ফুল হৈ ফুলক,
সেই নীলিম কুসুম-
বতাহে কথা কোৱা মোৰ দেশৰ গোলাপ ৷
তুমি হাঁহিবা
দিনত হাঁহিবা, ৰাতি হাঁহিবা,
হাঁহিবা চন্দ্ৰমাক চাই,
অঁকোৱা-পকোৱা গলিত হাঁহিবা,
হাঁহিবা তোমাক ভালপোৱা
এই জধলাৰ মৰম পায় ৷
মোৰ ব্যস্ত জীৱনৰ সপোনে দিঠকে
কাঢ়ি নিব পাৰা তুমি-
মোৰ ভোকৰ ভাত, বুকুৰ বতাহ,
চকুৰ পোহৰ অথবা বসন্তৰ গান,
কিন্তু,
যদি নিয়া আঁতৰাই তোমাৰ হাঁহিটি
মোৰ বাবে সেয়ে হ'ব জীৱন সমাপ্তি ৷
(পাবল' নেৰুদা এজন লেটিন-আমেৰিকান কবি আছিল ৷ চিলি(chile)ৰ পাৰাল চহৰত ১৯০৪ চনত তেওঁৰ জন্ম হয় ৷ তেওঁ নিচেই সৰু কালৰে পৰা নানা লেখা লেখি ছদ্ম নামেৰে প্ৰকাশ কৰিছিল আৰু পিচলৈ সেই ছদ্ম নামেৰেই (পাবল' নেৰুদা) বিখ্যাত হৈ পৰিল ৷ আৰ্থিক অভাৱৰ বাবেই তেওঁ ভাৰত, বাৰ্মা(ম্যানমাৰ), শ্ৰী লঙ্কা আদি দেশত চাকৰি কৰিছিল ৷ লেখাৰ জড়িয়তেই মেক্সিকান কবি অ'ক্টাভিঅ' পাজৰ লগত তেওঁৰ ভাল বন্ধুত্ব গঢ়ি উঠিছিল ৷ তেওঁ চিলিৰ কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্য হোৱাৰ ফলত কেইবাবাৰো দেশৰ পৰা পলাব লগাও হৈছিল ৷ ক্ৰমে তেওঁ লেখক হিচাপে বিখ্যাত হৈ উঠিছিল আৰু ১৯৭০ চনত ফ্ৰান্সত চিলিৰ ৰাজদূতৰ পদত অধিষ্ঠিত হৈছিল ৷ দুবছৰৰ পিচত অসুস্থতাৰ বাবে নিজ দেশলৈ ঘূৰি গৈ ১৯৭৩ চনত তেওঁ মৃত্যু বৰণ কৰে ৷ ১৯৬২ চনত তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰৰ বাছনিত উঠিছিল যদিও সেইবাৰ জাঁ পল ছাঁত্ৰেই সেই পুৰস্কাৰ পোৱাত নেৰুদা বিফল হ'ব লগা হয় ৷
মূল কবিতাটিঃ
Your Laughter
(By pablo Neruda)
Take bread away from me,if you wish,
Take air away,but
do not take from me your laughter.
Do not take away the rose,
the lance flower that you pluck,
The water that suddenly
bursts forth in joy,
The sudden wave
of silver born in you.
My struggle is harsh and I come back
with eyes tired
at times from having seen
the unchanging earth,
but when your laughter enters
it rises to the sky seeking me
and it opens for me all
the doors of life.
My love,in the darkest
hour your laughter
opens,and if suddenly
you see my blood staining
the stones of the street,
laugh, because your laughter
will be for my hands
like a fresh sword.
Next to the sea un the autumn,
your laughter must raise
its foamy cascade,
and in the spring,love,
I want your laughter like
the flower I was waiting for,
the blue flower, the rose
of my echoing country.
Laugh at the night,
at the day,at the moon,
laugh at the twisted
streets of the island,
laugh at this clumsy
boy who loves you,
but when I open
my eyes and close them,
when my steps go,
when my steps return,
deny me bread, air,
light,spring,
but never your laughter
for I would die..
অনুবাদ
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলিপাৰা,গুৱাহাটী-১৯
মোবাইল নং:৭০০২৪০৯৬৫৫
পৃষ্ঠাঃ ১৯
অনুবাদ কবিতাঃ
কাল্লু-চেল্লু
মূল বাংলা কবিঃ স্বরূপ চাঁদ
অসমীয়া অনুবাদ : বাসুদেব দাস
বঙ্কু বেৰা গাঁওৰ এজন পাষণ্ড প্রতিৱেশী
বঙ্কু বেৰাৰ ঘৈণী মাদাৰ ডেয়াৰিৰ সস্তাৰ বিপণী
বঙ্কু বেৰাৰ দুটা ল'ৰা কাল্লু আৰু চেল্লু
গাঁওৰ আশীর্বাদ নে অভিশাপ
সেয়া এক গভীৰ সাঁথৰ।
কাল্লুৰ ভয়ত গাঁও কঁপে
জাৰ থমকি ৰয় বাঁকুড়াৰ আগত
চেল্লুৰ ভয়ত গাঁও কঁপে
গাঙ্গেয় উপত্যকাত বাৰিষা সোমায় দেৰিকৈ।
আমি কাল্লু-চেল্লুৰ বিৰুদ্ধত থানাত অভিযোগ জনাইছোঁ
থানাৰ পৰা পুলিচ আহি চেল্লু-কাল্লুক লৈ গৈছে
২৪ ঘণ্টাও পাৰ হোৱা নাছিল
চেল্লু-কাল্লু আকো উভতি আহিছে পুলিচৰ গাড়ীত।
পুলিচৰ লগত কাল্লু-চেল্লুৰ সম্বন্ধটো কেনে ধৰণৰ
পুলিচৰ লগত কাল্লু-চেল্লুৰ কেনেকৈ বুজাবুজি হয়
পুলিচৰ লগত কাল্লু-চেল্লুৰ ৰসায়নটো নো কি
আমাৰ ক্ষমতা নাই, ইচ্ছা আছে জনাৰ।।
...........................................................
গৈ থকাটোৱেই আমাৰ কাম
মূল (হিন্দী): শিৱমঙ্গল সিং 'সুমন'
অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন
প্ৰৱল গতিৰে ভৰা দুভৰি
তেনে কিয় ভয়ে ভয়ে ৰৈ যাওঁ
যেতিয়া আজি মোৰ সন্মুখত
ইমানবোৰ বাট পৰি আছে
যেতিয়ালৈকে মই লক্ষ্য নাপাওঁ
তেতিয়ালৈকে মোৰ বিশ্ৰাম নাই
গৈ থকাটোৱেই আমাৰ কাম
কিছু ক'লোঁ, কিছু শুনিলোঁ
কিছু বোজা ভাগ-বতৰা হ'ল
ভালেই হ'ল তোমাক পালোঁ
কিছু বাট বুলিব পাৰিলোঁ
এই বাটৰ কি পৰিচয় দিওঁ
এই বাটৰ বাটৰুৱা মোৰ নাম
গৈ থকাটোৱেই আমাৰ কাম
জীৱনটো অপূৰ্ণতাৰে ভৰা
পাইছোঁ কেতিয়াবা,হেৰুৱাইছোঁ কেতিয়াবা
আশা-নিৰাশাৰে ঘেৰি থকা
হাঁহো কেতিয়াবা, কান্দো কেতিয়াবা
গতি-মতিৰ অৱৰোধ নহওক
ইয়াৰ ধ্যান অষ্ট প্ৰহৰৰ আছে
গৈ থকাটোৱেই আমাৰ কাম
এই বিস্তীৰ্ণ সংসাৰৰ প্ৰবাহত
কোননো ভাঁহি থকা নাই
সুখ-দুখ আমাৰ দৰেই
কোনেও নসহাকৈ থকা নাই
তেনে ব্যৰ্থতাৰে কিয় কৈ ফুৰোঁ
মোৰ ওপৰত বিধাতাৰ দোষ আছে
গৈ থকাটোৱেই আমাৰ কাম
মই পূৰ্ণতাৰ সন্ধানত
ভয়ে ভয়ে ঘূৰিয়েই ফুৰিছোঁ
প্ৰত্যেক খোজতে ইটো-সিটো
বাধা আহিয়েই আছে
পিচে নিৰাশ হওঁ কিয়?
জীৱনটো ইয়াৰে এক নাম
গৈ থকাটোৱেই আমাৰ কাম
একেলগে গৈ আছিলোঁ
কিছু মাজবাটৰ পৰাই উভটি গ'ল
জীৱনত গতি থমকি নৰ'ল
যি পৰি গ'ল সেয়া পৰি গ'ল
আগবাঢ়ি গ'ল যি সকলোতে
তাৰেই সফলতা অবিৰাম
গৈ থকাটোৱেই আমাৰ কাম
স্পষ্টকৈ এয়া জানো
যি হেৰাই গ'ল তেওঁ জী গ'ল
ভাৱশূন্য চকুৰ পলকতে স্বতঃস্ফূৰ্তভাৱে
দুই ঘোট হাঁহিৰে পি গ'ল
সুধা মিশ্ৰিত গৰল
সেয়াই চাকি থোৱা অমৃত হ'ল
গৈ থকাটোৱেই আমাৰ কাম ।।
(হিন্দী সাহিত্যৰ প্ৰথিতযশা কবি শিৱমঙ্গল সুং 'সুমন'ৰ জন্ম হয় ১৯১৫ চনৰ ৫ আগষ্টত মধ্যপ্ৰদেশত ৷ তেখেতৰ মৃত্যু হয় ২০০২ চনৰ ২৭ নৱেম্বৰত ৷ তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ - 'মিট্টি কি ভাৰত', 'হিল্লোল' 'জীৱন কি গান' আদি ৷ ১৯৫৮ চনত দেৱ পুৰস্কাৰ, ১৯৭৪ চনত ছ'ভিয়েট লেণ্ড নেহেৰু পুৰস্কাৰ, ১৯৭৪ চনত সাহিত্য অকাডেমী বঁটা, ১৯৭৪ চনত পদ্মশ্ৰী সন্মান, ১৯৯৩ চনত শিখৰ চমন পুৰস্কাৰ, ১৯৯৩ চনত ভাৰত ভাৰতী পুৰস্কাৰ আৰু ১৯৯৯ চনত পদ্মভূষণ সন্মানেৰে সন্মানীয় হয়)
পৃষ্ঠাঃ ২০
কবিতাঃ
তেওঁৰ চকুতেইতো এদিন জুই এদিন নদী
----------------------------------------------------------------
ৰণ্জিত গগৈ
আজি-কালি ঠিক ভিতৰৰ পৰা
মৰি আহে মানুহবোৰ
সৌৰভ কুমাৰ চলিহাৰ গল্পৰ দৰে
গভীৰ নিনাদ এটাই বুকু ঠেলি আহে
ক্ৰমে ক্ৰমে হৈ পৰে নি:স্ব
এদিন আপোনজনৰ কাষৰ পৰা
চিনাকী ঘৰখন
চৌপাশৰ মানুহবোৰ
জীৱনটোক যুকিয়াই আপোন মানুহৰ সান্নিধ্য
হেৰুৱাই অহাৰ পাছত
উদাস হৈ আহে এযোৰ চাৱনি…৷
জীৱনত এদিন আমি সকলোৱেই হেৰুৱাম
কোনোবাই আগ
কোনোবাই পিছ
কেৱল বিশ্বাসৰ বৰপীৰা এখন কাৰো বুকুত
খোপনি পুতিব নোখোজে
এই ধুনীয়া পৃথিৱীখনৰ পৰাই
আমি এদিন হেৰাই যাম…
আমাৰ উশাহ-নিশাহ শয়ন -সপোনৰ
নাথাকিব কোনো অস্তিত্ব ৷
বিষয়-বাসনাই খামোচ মাৰি ধৰি থকালৈকে
ঘৰ-বাৰী, গাড়ী-গোড়াই
জীৱন ৷ যেতিয়ালৈকে মানুহে জীৱনটো
কেৱল যাপন কৰি থাকে
উদযাপনে কেৱল দি তাত পিঠিয়া-পিঠি
হাঁহিত কি থাকে মাদকতা!
একাঁজলি মৰম সনা এটি কোমল মাতত?
মাত এটা দিব পৰাটো ইমান সহজ কথা নহয়
সকলোকে বুকুৰ নিভৃত কোণৰ পৰা
যি বিষাদৰ বঙিয়া বান্ধি বান্ধি
আপোনজনক বিদায় দি আহিছে
ৰ'দ সেকি সেকি তিতা তিয়নিৰে
তেওঁৰ চকুতেইতো এদিন জুই
এদিন নদী
ঢেংঢেঙীয়া এবাতি চাহত চুমুক দি
সেংসেঙীয়া হৈ আছে যেন কুমলীয়া জীৱনটো ৷
পৃষ্ঠাঃ ২১
দুখ
------------------------
দুষ্যন্ত এম বৰুৱা
দুখবোৰ উভৈনদী বাবেই
সুখৰ কঙাল মই
হাঁহিবোৰো হয় শৰবিদ্ধ
বহুদিনেই হ'ল
দুখৰ আবেষ্টনী ভেদি
হাঁহিব পৰা নাই সুখৰ হাঁহি ৷
দুখৰ পৰা পৰিত্ৰাণ বিচাৰি হাবাথুৰি খাওঁ মই
উমান লওঁ
বুকুত হাত দি অথবা
দীঘলীয়া হুমুনিয়াহ এৰি
দুখৰ পৰা সুখলৈ
কিমান যোজন বাট ৷
পৃষ্ঠাঃ ২২
সোঁৱৰণিৰ কুঁৱলী ফালি
সদায়ে যাক আজুৰি আনো
--------------------------------------------------------------
গীতৰাজ
শিৱসাগৰ
(১)
ঝিলিৰ চিঞৰত কোৰ্হাল সন্ধিয়া
খিৰিকিৰ সিপাৰে জোনবাইক বিচাৰি আছিলো
এন্ধাৰত পোহৰ সানি
টোল পৰা দুগালৰ হাঁহি মাৰি
জোনাকী পৰুৱা হৈ বুকুত সোমালা…
দুপৰ ৰাতি চেঁচা বতাহজাকে
ফাগুণৰ বাট সাৰি
সোণাৰুৰ পাহিৰে সঁজালে
মায়াসনা কৃষ্ণচূড়ায়ে সেন্দুৰ যাঁচিলে…
(২)
ধুনীয়া জোনাক ৰাতি
ৰূপালী তৰাৰ মায়া সানি
কি যে বিতোপন চোৱা চোন আকাশখনি
নৈ-বিল জান-জুৰি সকলোকে উজ্বলাই তুলি
আছে গোটেই বিশ্বব্যাপি
মোৰো যে হৃদয়খনি
মৰম ভালপোৱাৰ সাক্ষী কৰি
আজিও নাচি থাকে তোমাৰ ছবিটি সুঁৱৰি …
------------------------------------------------------------------ পৃষ্ঠাঃ ২৩
বিচ্যুত সুখৰ যন্ত্ৰণা
------------------------------------------
লিজা তালুকদাৰ
বাইহাটা চাৰিআলি
অস্তৰাগত আজি বিচাৰিছোঁ অন্তিম ঠিকনা
সেমেকা দুচকুত হাঁহিৰ আৱদাৰ
শব্দসত্বাক হাজিৰ কৰিছোঁ
নীৰৱতাৰ কাঠগৰাত!
প্ৰতিটো প্ৰহৰৰ প্ৰতিকণা পোহৰ
দুচকুৰ অশ্ৰুকণাত তিৰবিবাই
এহাতে সপোন ফুলে
আনহাতে আশাবোৰে জুপুকা মাৰে।
অসম্পূৰ্ণ কবিতাবোৰে আৱৰ্জনাৰ দৰে
ঠাহ খাই আছে হৃদয়ৰ কেনভাচত
একালত প্ৰাণে নিগৰা মৰমবোৰ
দুলি আছে শব্দহীন পংক্তিৰ ধেমালি হৈ।
সময়ৰ অজুহাতত নিৰ্বিকাৰ হৈ ৰ'ল
জীৱন দস্তাবেজৰ উমাল কাহিনী,
বিষাদৰ আঁক-বাঁক বোৰৰ সৈতে ৰ'ল
আলসুৱা কলিজাত স্মৃতিৰ বিৰিঙণি..!
পৃষ্ঠাঃ ২৪
যাত্ৰা
----------------
ভৃগু কুমাৰ
তিনিচুকীয়া
এই যে শেষ বুলি ভাবিছোঁ
শেষ নহয় বন্ধু
শেষৰ পৰাই আৰম্ভণি ..
আমাৰ নতুন যাত্ৰা..
ইজনে সিজনৰ
চকুলৈ ভালকৈ এবাৰ চাওঁ আহাঁ..
আমাৰ বুকুত তেজ আছে
আমাৰ তেজত বাৰুদ আছে..
চকুহাল এবাৰ
ৰঙা কৰোঁ আহাঁ..
অসমলৈ বঙাল শিয়াল আহিছে বন্ধু
খেদো আহাঁ..
খেদো আহাঁ...
{কেবৰ বিৰোধীতাৰে আন্দোলনত অংশ লোৱা সকলোজন বীৰ যুদ্ধাৰ হাতত}
পৃষ্ঠাঃ ২৫
প্ৰিয়তমা
------------------------------
জিমিৰেখা শৰ্মা।
নলবাৰী।
হে প্ৰিয়তমা !
এয়া তুমিতো নহয়?
ভৰ বাৰিষা তোমাৰ
সজীৱ চকুপানীৰে
মোৰ সুখৰ উৰুখা পঁজাটি
বোৰাৱ আহিছা।
তোমালৈ মোৰ বাৰে বাৰে প্ৰশ্ন-
কি পাবা
কি পাবা
কি পাবা।
একে উশাহেঁৰে কওঁ
সমস্ত আৱেগৰ শিকলি চিঙি
নিজৰ সুখৰ ভাগটো লৈ
স্বাৰ্থপৰতা কঢ়িয়াই কি পালা?
ভটিয়াই আহিছা
উটি যাব নোৱাৰিবা
মোৰ নাওঁখনো
বঠা নোহোৱা।
আকৌ কম-
কি পাবা ?
কি পাবা?
হে প্ৰিয়তমা এয়া তুমিতো নহয়।
.............................................
চাৰিটি কবিতাৰ স্তৱক
********************
ৰেখা বৰকটকী
যোৰহাট।
(১) চৰাইলৈ মালিতা
==============
শাৰী পাতি পাতি
পলৰীয়া পক্ষী
সিঁহতৰো আছে দিনলিপি
জীৱন অৰণ্যত
উটি-ভাঁহি ফুৰে
নাইচোন নিজাকৈ ঘৰ একোটি!
(২) বিষাদ- সঙ্গীত
=============
আয়ে চৰুক সোধে
তোক আজি পাতিমনে?
কৃষক জনে সীৰলুক কয়
তোক কষ্ট দি দি
মই আজি ভোকাতুৰ!
কবিৰ উদ্দাত্ত কণ্ঠই
কবিতাক সোধে
কিমান দৰদী হ'ব পাৰ' তই
নিচুকাবলে' ক্ৰন্দসী পৃথিৱী?
(৩) অচিনাকী সুব
============
হাঁওফাও অলিন্দত
পিঞ্জৰাবদ্ধ তেজৰ সোঁত
আকাৰহীণ অৱয়ৱত বন্দী
সমস্ত দেহৰ ৰক্ত প্ৰৱাহ
সিৰাই উপসিৰাই
অচিনা সুৱাস.....
(৪) প্ৰেম সঙ্গীত
===========
নীলা আৰু হালধিয়াৰ সংমিশ্ৰণে
সেউজীয়াৰ সৃষ্টি কৰাৰ দৰে
আমাৰ আত্মীয়তাত
গঢ় লৈ উঠক
এক ঔফুলীয়া ৰং
যি ৰং দেখি
সুনীল আকাশমাৰ্গৰ শিৰ নত হয়
সমৃদ্ৰৰ উন্মাদ উৰ্মিমালাৰো
গতি শ্বাসৰুদ্ধ হয়।
=========
পৃষ্ঠাঃ ২৬
------------------------
প্ৰতুল এচ্ কলিতা
নলবাৰী
মোৰ জন্মই বা কিয় ?
মোৰ নামৰ অৰ্থই বা ক'ত ?
কেতিয়াবা যদি হিন্দু,
কেতিয়াবা মুছলমান
আকৌ কেতিয়াবা
শিখ, বৌদ্ধ, খ্ৰীষ্টান
আৰু বহুতো ৷
মানৱতাৰ দুৱাৰ, খিৰিকী জপাই
মোৰ আনন্দই বা ক'ত ?
কেতিয়াবা হিন্দু গোড়ামীত যদি
থমকি ৰয় মোৰ সীমনা
আকৌ কেতিয়াবা মুছলমানৰ মাজত ৷
কেতিয়াবা মন্দিৰত,
কেতিয়াবা মছজিদত,
আকৌ কেতিয়াবা গীৰ্জাত ৷
গোড়ামীৰে বান্ধি যেন
হাড়ে-ছালে লগা
মোৰ অস্তিত্ব সংকটত ৷
মানৱতাৰ মাজত সৰ্বত্ৰে
সিচঁৰিত নহৈ
মই যেন সমাজত আজি
বহুধা বিভক্ত...৷
মোৰ বাবেই জন্ম হয়
প্ৰতিদিন ধৰ্মান্ধতাৰ এশটা দল
মোৰ বাবেই...
বিভেদগামী চিন্তাৰে প্ৰতিদিন
আগবাঢ়ে প্ৰতিবাদী সমদল ৷৷৷
পৃষ্ঠাঃ ২৭
আহিনৰ দুটা কবিতা
---------------
অমৃত শইকীয়া
৯৬১৩৭০৬৭৭৫
এক
লিহিৰি ধাননিৰ
লাৱনি হাতে
তোমাকেই মাতে,
গাত মেৰিয়াই লয়
সেউজী ৰিহাৰ আঁচল,
জি্ৰ-জিৰকৈ নামি আহে
ফুলৰ ৰাণী লখিমী।
দুই
আহিন হলে
ৰূপালী ৰঙেও কাঢ়ি লয়
সেউজীয়া,
ৰচকী গাভৰুৱে
কাঢ়ি লোৱাৰ দৰে
গোলাপৰ যৌৱন।
পৃষ্ঠাঃ ২৮
শৰতৰ প্ৰেমিকা মই শাৰদী...........................
মনচুমী কলিতা নাথ
মালৌআলি, যোৰহাট
এতিয়া হোৱাই নোহোৱাই
মোৰ গাত লাগি আছে
শৰতৰ ৰঙীন প্ৰেমৰ ৰাগী।
বুকুৰ মাজত শংখধ্বনি বাজিছে ৰিণিৰিণি ,
উশাহত উজাই আহিছে
ধূপ ধূনাৰ গোন্ধ এটি ।
চিপ্চিপিয়া বৰষুণ জাকে
ধৰালৈ নমাই আনিছে
শান্তিৰ শীতলতা,
ঘৰ্মাক্ত দেহা শাঁত পৰিব,
উন্মুক্ত হ'ব হৃদয়ৰ আকুলতা ।
ভৰ বাৰিষা তাণ্ডৱ সৃষ্টি কৰি
পথাৰখন ধোৱাই পেলোৱা
নদীখন এতিয়া শান্ত সমাহিত।
উৰ্বৰা পথাৰখন এতিয়া গৰ্ভৱতী ।
সেউজীয়া আঁচলৰ আঁৰত
তাই লুকুৱাই ৰাখিছে
এডৰা সোণগুটি ।
ফৰকাল আকাশ,
শেৱালিৰ সুবাস,
কঁহুৱাৰ বিলাস,
কুঁৱলিৰ আভাস,
মোৰ বুকুত এতিয়া শৰতৰ নিবাস।
বৰষুণৰ সূতাৰে নিয়ৰ মুকুতা গাঁঠি
পিন্ধালাহি কাণত কেৰু, হাতত খাৰু,
ডিঙিত জিক্ মিক্ মণি,
দেহত মোৰ উতলা যৌৱন,
ৰঙীন প্ৰেমৰ ৰাগি ।
চঞ্চল মনমোহিনী
শৰতৰ প্ৰেমিকা মই শাৰদী ।।
পৃষ্ঠাঃ ২৯
উত্তৰণ -------------------
গীতা শৰ্মা
মুম্বাই, মহাৰাষ্ট্ৰ
8286357357
আহিনৰ চোতাল মোৰ!
সেউজ দুবৰিৰ সিক্ত বুকুত
তল সৰা শেৱালিৰ
শুভ্ৰ কোমল দলিচা।
আলেঙে আলেঙে ভুমুকি
হেঙুলীয়া আভাৰ,
কি যে মনোমোহা ,
নয়নাভিৰাম অপৰূপ
ৰূপ ৰঙৰ সমাবেশ।
তুমি কাষত থকা হেতেন
সুবাস ললোহেঁতেন ,
তোমাৰ ছায়া হৈ;
তুমি নাই,
সুবাসৰো যেন প্ৰয়োজন নাই,
তুমি তুমি গোন্ধাই থকা মোৰ
শোৱনি কোঠাই ,
মোৰ জীৱন,
মোৰ সপোন।
শৰতৰ ৰাতি,
জোনাকৰ লুকা ভাকু,
আৰু -
নিয়ৰবোৰ,
মোৰ চৌপাশে ওলমি আছে,
তুমি তুমি হৈ...
টোপ টোপ কৈ সৰে
মোৰ মুখত,
উদ্ভাসিত হৈ,
আৰু-
আৰু ভাঁহি আহে
তুমি তুমি লাগি থকা
সুবাসৰ মতলীয়া বা...
উত্ৰাৱল হওঁ ,
তোমাক চুবলৈ...
সাতৰঙী পখিলা জনীৰ দৰে
মন যায় নাচিবলৈ,
কিন্তু শংকিত মন,
বিলীন হোৱাৰ বতাহত,
তোমাৰ সুঠাম শৰীৰৰ
চিনাকি সুবাস।।
এটি মিঠা অনুভৱ
এই অভাগী জীৱনৰ।
কৈছিলা,
এইবাৰ এজোপা তগৰ ৰুবা,
মোৰ লাহতি খোপাত হেনো
গুজি দিবা,
কিন্তু,
আহিলা তুমি,
জয়মালা পিন্ধি বীৰ সৈনিকৰ,
তল সৰা শেৱালিৰ সেই দলিচাত শুবলৈ.....
চোৱা,
মোৰ উকা কপাল ,
মোৰ উদং খোপা।
তথাপিও হোৱা নাই মই ক্লান্ত,
জানা,
গৈছিলোঁ,
শৰতৰ শেৱালি গচকি গচকি
সেই বগা আলিবাটৰ সিমূৰলৈ,
ভাবিছিলোঁ ,
তুমি চাগে ৰৈ আছা মোলৈ,
আহিনৰ ৰূপোৱালী
জোনাকৰ তলত ,
আঁকোৱালি লবলৈ...
তুমি তুমি লগা গোন্ধ টোৱে মোক বাউলি কৰিছিল,
হাত বাউল দি মাতিছিল।
জনাইছিলোঁ তোমাক,
মই অৰ্ধাংগিনী
বীৰ শ্বহীদৰ,
পৰাজিত হ'ম কেনেকৈ?
তুমি তুমি লগা অনুভৱ বোৰে যে
মোৰ জৰায়ুত গীত জুৰিছে,
অণুৰণন নূপুৰৰ ...
ৰুণজুন ...
ৰুণজুন...
শুনিছানে তুমি...
মই পৰাজিত হ'ম কেনেকৈ?
প্ৰস্তুতি এতিয়া মাতৃ হোৱাৰ বীৰ সৈনিকৰ...
চোৱা,
মোৰ উত্তৰণ হ'ল!
তুমি শুনিছানে ?
মোৰ উত্তৰণ হ'ল।।
পৃষ্ঠাঃ ৩০
হেঁপাহৰ শৰৎ
-------------------------
ৰঞ্জনা শৰ্মা
ধুবুৰী
(৮৮৭৬৩০২১৭০)
বেদনাক্লিষ্ট বাৰিষাই
বিদায় ললে
সাজি কাছি ঋতুৰাণী
ধৰালৈ ঢাপলি মেলে .
শৰতৰ আকাশখন চাই
আপোন পহৰা হলো
নিৰ্মল নিলাভ দেখি
দুখ ভাগৰ সামৰো।
স্নিগ্ধ জোনৰ পোহৰত
শেৱালিজোপা দেখিলো
এছাটি মলয়া বতাহে
ছটিয়াই দিলে
শেৱালিৰ সুৱাসবোৰ
পুৱাৰ সূৰুযৰ আভা
দুৱৰিত পৰিল I
নিয়ৰৰ কণাবোৰ
মুকুতাৰ দৰে উজলিল
লুইতৰ পাৰৰ কঁহুৱাবোৰে
নাচে হালি জালি
শৰতৰ মনোমোহা ৰূপে
কঢ়িয়াই উৎসৱৰ বাতৰি
হেঁপাহৰ ঋতুৰাণীক
নোৱাৰো ৰাখিব ধৰি
সময়ৰ দুৰন্ত গতিত
তাই যায় আগবাঢ়ি
মাথোঁ থৈ যায়
সৰু বৰ স্মৃতিৰ পাপৰি ।
পৃষ্ঠাঃ ৩১
শৰতৰ বাতৰি-------------------
উপাসনা কাকতি
নলবাৰী
6000417734
এই বাটেৰে শৰৎ আহে
শুকুলা ডাৱৰৰ আঁচলৰ আঁৰত
উশাহত উজাই দেহৰ অলিন্দ চুমি
আমাৰ শৈশৱৰ শেৱালি ।
নিয়ৰৰ টোপালবোৰে সিঁচি দিয়ে
কাতৰ উন্মাদনা
ৰহন সনা কাম্যিক বিষাদৰ ৰং
দুভৰিত জিলিকে দুবৰিৰ বোল ।
ৰিণিকি-ৰিণিকি শুনা মাদলৰ ধ্বনিত
মুখৰিত আমাৰ জীৱন ছন্দ
নৈ - চাপৰিৰ কঁহুৱা ডৰাত
মেঘমল্লাৰ অমৰ ৰাগ ।
আহিনৰ পবালি আঙুলিত
শৰতৰ আগমণি বাতৰি
নিজান নিশা সৰি পৰা
হিম কণাৰ টুপ টুপ শব্দৰ ঝঙ্কাৰ ।
হৃদপিণ্ডৰ স্পন্দনত স্পৰ্শৰ অতীত
উৎসৱৰ শাব্দিক দ্ৰষ্টা
সিৰে সিৰে জনাই যোৱা
এই বাটেৰে শৰৎ অহাৰ বতৰা।
পৃষ্ঠাঃ ৩২
আহিনৰ আগমনত
-------------------
-------------------
অসমা তুংখুঙীয়া
গেৰ ধৰা শাওনৰ বকিয়াইদি
এখুজি দুখুজি কৈ আহি ভৰি দিলে আহিন
শাৰদীৰ চোতালত-----
শেৱালিৰ সুবাসত মনপ্ৰাণ
ঢালি গালে
হেঁপাহৰ গীত ---
মলয়ৰ উষ্ম চুম্বনত
কামাতুৰা হাচনাহানাই
সিঁচি দিলে এআকাশ সৌৰভ
আহ্লাদিত হয় শৰৎ নন্দিনী
শুকুলা মেঘৰ আঁৰ লৈ
চন্দ্ৰমাই বাখৰোৱা সপোন ৰছে
নীলিমাৰ সতে
জেতুকাবুলীয়া সাঁচতীয়া বকুলৰ
সুবাসে হাবিয়াস কৰে স্নেহাসিক্ত
মদনৰ স্বৰ্ণময় আলিংগন
কল্পনাৰ সোণসেৰীয়া লহৰত
কোনোবা অখ্যাত কবিৰ
মুখৰিত হয় হৃদয়
সৃষ্টি হয় এটি বাঙ্ময়
সত্বা ---কাব্য -কুঞ্জৰ
চৌফলিয়া সপোনে গমন কৰে
শাৰদীৰ কাষৰলৈ
অতি সংগোপনে ।।
পৃষ্ঠাঃ ৩৩
শৰৎ শৰৎ শৰৎ
-------------------
-------------------
ৰঞ্জনা পাঠক
গুৱাহাটী
দূৱৰিৰ নিয়ৰ গচকি
আহে শৰৎ ,
শেৱালিৰ সুৱাসে
আমোল-মোলোৱা শৰৎ ।
শৰতৰ শুকুলা মেঘে
লুকা - ভাকু খেলে ,
ৰাতিৰ ফৰকাল আকাশত
তৰাই যেন বুটাহে বাচে ।
মলয়াৰ ৰিৱ ৰিৱ বা লাগি
প্ৰকৃতিয়ে নাচে ,
সেউজীয়া ধাননি ডৰাও
লহ-পহকৈ বাঢ়ে ।
প্ৰেমাতুৰ প্ৰেমিকক
শৰতেই মতলীয়া কৰে ,
শৰতৰ প্ৰেমতেই কবিয়ে
ন-ন কবিতা লিখে ।
শৰতৰ জোনাকে
সন্ধিয়াটো মোহনীয়া কৰে ,
শৰতৰ নিশাত বহুজনে
মনৰ সপোন ৰচে ।
এন্ধাৰ নাশি শৰতেই
আশাৰ পোহৰ বিলায় ,
হতাশাক নেওচি আনন্দ
প্ৰেৰণা যোগায় ।
শৰতৰ আগমনে তুলিব
উপচাই দেহ-মন ,
হে শৰৎ , তোমাক
জনাও স্বাগতম ।
পৃষ্ঠাঃ ৩৪
শৰত তোক বৰ ভাল পাওঁ
-------------------
-------------------
বিনীতা লস্কৰ।
মেদিনীৰ কোমল বুকুলৈ
শৰৎ নামিছে
শান্তিৰ অমিয়া লৈ,
আহিনৰ পথাৰত
গাখীয়তি ধাননি
ৰঙত বিভোৰ হৈ ৰচে
সপোন সোণোৱালী।
কাঁচিয়লি পোহৰত জিলিকে
নিয়ৰৰ মুকুতা মণি,
দূবৰিৰ দলিচাত শুভে
শেৱালিৰ এমোকোৰা হাঁহি।
মৃদু সমীৰে কঢ়িয়াই
শৰতৰ মাধুৰী সুবাস।
মায়াসনা গধূলি,
শাৰদীয় গগণ ফালি
কুঁৱলীৰ ফাঁকেৰে হাঁহে
ৰূপোৱালী জোনাকী।
নৈৰ পাৰে পাৰে কঁহুৱা হালিছে
লাহি দেহৰ ভাঁজত
জেউতি চৰিছে
নিচুপ হৈ প্ৰকৃতিয়ে
আনন্দ লভিছে।
পৃষ্ঠাঃ ৩৫
নিৱন্ধঃ
যোগ কেনেকৈ আৰু কিয় কৰিব লাগে ?
ভাৰ্গৱ কলিতা
দৰং (অসম)
ফোন নং- ৯১০১৬১৫২৭১
উষ্ট্ৰাসন: উষ্ট শব্দৰ অৰ্থ হ'ল উট ৷ এই আসনত দেহৰ আকৃতি বোজা কঢ়িওৱা উটৰ দৰে হয় বাবে উষ্ট্ৰাসন বুলি কয় ৷
অভ্যাস বিধি: বজ্ৰাসনত বহি আঁঠুৰ ওপৰত থিয় হ'ব লাগে আৰু ভৰি দুখন লগ লগাই থাকিব লাগে যাতে ভূ-পৃষ্ঠৰ সমান্তৰাল হৈ থাকে ৷
* উশাহ লৈ পিছফালে হালি যাব লাগে ৷ সেই ক্ষেত্ৰত ধ্যান দিব লাগে যাতে ডিঙি অংশত কোনো অসুবিধা নহয় ৷
* উশাহ এৰি এৰি সোঁহাতখন সোঁভৰিত আৰু বাওঁহাতখন বাওঁভৰিৰ তলুৱাত স্থাপন কৰিব লাগে ৷
* পূৰ্ণ অৱস্থাত উৰু ভূ-পৃষ্ঠৰ লম্বভাৱে থাকিব আৰু মূৰ অংশ সামৰ্থ অনুসৰি পিছলৈ হালি যাব ৷
* দেহৰ ভাৰসাম্যতা হাত আৰু ভৰিৰ ওপৰত থাকিব ৷
* এই আসন অৰ্থাৎ সৰ্বাংগসান কৰিলে সুফল পোৱা যায় ৷
উপকাৰিতা:
* চকুৰ দৃষ্টিশক্তিৰ বাবে ব্যৱহাৰ হয় ৷
* পিঠি আৰু ডিঙিৰ বিষত লাভদায়ক ৷
* উৰুসন্ধি আৰু পেট অংশৰ চৰ্বি কমোৱাত সহায় কৰে ৷
* হজম শক্তি বঢ়ায় ৷
সাৱধানতা: উচ্চৰক্তচাপ,হৃদৰোগ আৰু হাৰ্ণিয়া ৰোগীয়ে কৰিব নালাগে ৷
নাঢ়ি শোধন বা অনুলোম-বিলোম প্ৰাণায়াম:
এই প্ৰাণায়ম প্ৰথমে বাওঁ নাকেৰে উশাহ লৈ সোঁ-নাকেৰে এৰি পুনৰ সোঁ-নাকেৰে লৈ বাওঁ নাকেৰে এৰি সলনা-সলনিকৈ কুম্ভক কৰি বা নকৰাকৈ কৰিব লাগে ৷
স্থিতি: যিকোনো ধ্যানাসন যেনে: পদ্মাসন,বজ্ৰ্যাসন ইত্যাদি ৷
আগলৈ
পৃষ্ঠাঃ ৩৬
অনুভৱঃ
শৰত অহাৰ পৰত মোৰ হৃদয়ত
তোমাৰ অনুভৱ
শ্ৰী ময়ুৰী ভট্টাচাৰ্য্য বৰুৱা।
টিয়ক, ৰজাবাৰী।
মৰমৰ,
শৰত অহাৰ পৰত এবাৰ আহিবাচোন সাৰি থম মোৰ পদূলি মুখ আৰু মন ফুলনিত সজাই থম তোমাৰ বাবে অলপ ভালপোৱা। তুমিতো জানাই মই শেৱালি ফুল কিমান ভালপাওঁ। এইবাৰ আমাৰ পদূলিৰ শেৱালি জোপা ইমান ধুনীয়াকৈ ফুলিছে যেন প্ৰকৃতিৰ দেৱী।তলসৰা শেৱালিৰ পাহিৰে মই আলফুলকৈ মালা গাঁঠি থম তোমালৈ বুলি,,,,,।
তুমি অহাৰ বতৰা পাই মোৰ বুকুত ঢৌ খেলি যায় ,তুমি অহাৰ পৰত জনাবা মোক বুকুৰ আচল গুচাই পাৰি থম অলপ সেউজীয়া। জোনাকসিক্ত ৰাতিৰ বুকুত তোমাক কম মোৰ মনৰ কথাবোৰ, প্ৰাণৰ আকুলতাৰে অলপ জিৰাম তোমাৰ হৃদয়ত,,, নৈৰ সোঁতৰ দৰে বৈ আহিব আমাৰ জীপাল ভালপোৱাবোৰ,,,,,
সাক্ষী কৰিবা তুমি জিক্মিক্ তৰাক ,জোনক আৰু মনৰ নিৰৱতাক। তুমি নিৰবতা ভাঙি মোক মাথোঁ কৈ যাবা তোমাৰ হৃদয়ৰ এবুকু আশাক,,,ভৱিষ্যতৰ ৰঙীন কল্পনাবোৰ। মই বাৰু গাঁঠি যাম তাত কল্পনাৰ ৰঙীন সূতা বোৰেৰে বাস্তৱৰ সোণবৰণীয়া মালা।
মোৰ বুকুৰ শেতেলী সাজি, দুচকুৰ মায়াবী মৰম সানি তুমি শুই পৰিবা সেউজীয়া দলিচাত। প্ৰভাতী পক্ষীৰ জিৰ জিৰ শব্দত দুচকু তোমাৰ মেল খাব মই মাথোঁ তোমাক চাম এপলক দৃষ্টিৰে, তোমাৰ সেউজীয়া ঘাঁহনিত মাথোঁ অলপ জিৰাম আশাৰ বালিঘৰ সাজিম এদিন আৰু ,........নকওঁ দিয়া,,,
তুমি অহাৰ দিনা ,সেইদিনা মই ফেঁহুজালি দিওঁতেই উঠিম ,সুৰুজৰ মিঠা পোহৰে আকাশ পোহৰিত কৰাৰ দৰে মোৰ কোঠাটো সজাই থম আৰু ৰঙীন পোহৰ বোৰক এবাৰ মাথোঁ চুই চাম, আকাশৰ বিশালতাত এপাক মিলি যাম, মাত্ৰ তুমি অহাৰ দিনা, তুমি অহাৰ ক্ষণত মোৰ হৃদয়ত তোমাৰ অনুভৱ কিযে ভাল লগা,,,,,।
যদিও তুমি মোৰ কাষত নাই তথাপিও তুমি হৃদয়ৰ পাৰে পাৰে, দূৰৈৰ পৰা ৰিণিকি ৰিণিকি শুনো অচিন বাঁহীৰ সুৰ, নদীৰ পাৰত নাৱৰীয়াৰ কিৰিলি, সপোনৰ পাৰে পাৰে অচিনা ঘাটতে তোমাক বিচাৰি যাওঁ নিলাভ আকাশৰ তলত,,,তোমাৰ ছবিয়ে লুকা ভাকু খেলি যায় মোৰ সজীৱ মনত। মই জানো তুমি আহিবা মোৰ আকুল আহ্বান তুমি আহিবাই। মই মাথোঁ লিখি থৈছো মোৰ সেউজীয়া খিনিৰে তোমাৰ বাবে এখনি নীলা খামৰচিঠি। তুমি যে নীলা ৰং খুব ভাল পোৱা নহয়জানো?
শৰত সনা মিঠা অনুভৱত মোৰ মনত শিহৰণ আনে তোমাৰ ভালপোৱাই। মই মাত্ৰ ভাবো তোমাকেই। জানো অপেক্ষাৰ ক্ষণবোৰ বৰ মধুৰ কিন্তু যন্ত্ৰণা দায়ক। কেতিয়া আহিবনো তুমি ? সোনকালে আহাচোন মোৰ পদূলিলৈ ,,,
মই যে অপেক্ষাত বিহ্বলা হৈ পৰিছো মনৰ খবৰ কাগজত লিখিছো তোমাৰ হৃদয়ৰ হেডলাইন,,
তুমি আহিবা মোৰ অনুভৱত শৰতৰ আগমনত ,,,জাক পাতি চৰাই জাক উৰি যাব দিগন্তলৈ,,,, নিয়ৰ চেঁচা গছৰ ডালত পৰিবহি প্ৰভাতী পক্ষী, তুমি মোক আলফুলে কৰণি ভৰাই দিবা মৰমবোৰ,,,, স্মৃতিৰ বালিচৰ বোৰ ঢৌ খেলি উৰি ফুৰিব আবেগ সনা আমাৰ দুচকুত,,,আহিনৰ শেৱালি জোপা তলভৰি সৰিব,,,নিয়ৰসিক্ত বনৰ ওপৰেদি তুমি আহিবা সাৱধানে এখোজ দুখোজকৈ,,,,
মই আনন্দত উথলি উঠিম তোমাৰ দুহাতত দিম এপাহি গোলাপ,, এথোপা খৰিকাজাই,,,,মই ৰলাগি চাই ৰম তোমাক মোৰ মনৰ পদূলি জীপাল কৰাৰক্ষণত ।।
পৃষ্ঠাঃ ৩৭
সাক্ষাৎকাৰঃ
আশাদীপা শইকীয়াৰ সৈতে
১) পোণপ্ৰথমে আপোনাক আমাৰ আলোচনী 'অঙ্গন' ৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ ৷ আপোনাৰ সৰুকালৰ কথা অলপ জানিব বিচাৰিছোঁ লগতে আপুনি কেতিয়াৰ পৰা লিখিবলৈ লৈছিল, প্ৰথম লিখা ক’ত প্ৰকাশ পাইছিল? সেই সময়ৰ অনুভৱ কেনেকুৱা আছিল?
উত্তৰঃ বহুত ধন্যবাদ জনালোঁ।
সৰু কালছোৱা আচলতে মানুহৰ জীৱনৰ আটাইতকৈ মধুৰতম সময় বুলিয়েই ক'ব লাগিব। মই গাঁৱৰ ছোৱালী, গতিকে বোকা-পানী, পথাৰ এইবোৰ মোৰ উশাহৰ লগত সংপৃক্ত। গাঁৱৰ আন দহজন ল'ৰা-ছোৱালীৰ দৰেই মোৰ শৈশৱ। আমি সৰুৰে পৰা কেতিয়াও কোনো ক্ষেত্ৰত ল'ৰা-ছোৱালীৰ মাজত ভিন্নতা দেখা নাছিলোঁ। সেয়া মা-দেউতা, পৰিয়ালৰ আত্মীয় বা ওচৰ-চুবুৰীয়া যিয়েই নহওক কিয়, সকলোৰে মানসিকতা একেই আছিল। সাংঘাতিক স্বাধীন আছিলোঁ আমি শৈশৱত। পঢ়াৰ কোনো হেঁচা নাছিল, ধূলি-বালিয়ে দিন-ৰাতি একাকাৰ হৈছিল। গান,নাচ, আবৃত্তি সকলোতে নোৱাৰিলেও আগভাগ লৈছিলোঁ। কোনো লাজ নাছিল। একো নোপোৱাৰ আক্ষেপ নাছিল। মই ঘৰৰ একমাত্ৰ সন্তান আছিলোঁ। মৰম,শাসন সকলো আছিল ঘৰত। কিতাপ পঢ়িছিলোঁ সৰুৰে পৰাই। লিখিবলৈ সম্ভৱ পঞ্চম শ্ৰেণীৰ পৰাই লৈছিলোঁ,সৰু সৰু কবিতা। কিন্তু, প্ৰথম লেখা স্কুলৰ আলোচনীত প্ৰকাশ হৈছিল অষ্টম শ্ৰেণীত। সাংঘাতিক ফূৰ্ত্তি পাইছিলো। নিজৰ লেখা ওলোৱা আলোচনী খন বাৰে বাৰে চাইছিলো। ডাঙৰ হৈ প্ৰথম মই তেতিয়াৰ *আজি* কাকতত প্ৰবন্ধ লিখিছিলো।লগতে *আমাৰ অসম* , *সাদিন* আদিত আৰম্ভ কৰিছিলোঁ। সেয়া এক বুজাব নোৱাৰা অনুভৱ। ছপা আখৰত নিজৰ নামটো দেখাৰ সপোন যিহেতু সৰুৰে পৰাই আছিল, ৰোমাঞ্চিত হৈছিলোঁ।
২) প্ৰথম লেখাটোৰ পৰা বৰ্তমান এগৰাকী সুযোগ্য লেখিকা হোৱাৰ মাজৰ এই যাত্ৰাৰ বিষয়ে অলপ জনাব নেকি? কিবা বিশেষ মুহূৰ্ত আছে নেকি যিয়ে জীৱনৰ গতিটো এইপিনে লৈ আহিছিল?
উত্তৰ: নিজকে সুযোগ্য লেখিকা হিচাপে কেতিয়াও চোৱাই নাই। আচলতে মই শিকাৰু হে এতিয়াও। লিখা কামটো নিচাত পৰিণত হৈছিল লাহে লাহে। এটা,দুটাকৈ লেখাবোৰ প্ৰকাশ হবলৈ ধৰিছিল। যাত্ৰা এনেকৈয়ে আগবাঢ়িছিল।
মুহূৰ্ত বুলি ক'লে হয়তো বহুত ওলাব। কিন্তু, গাঁও এৰি গুৱাহাটীলৈ পঢ়িবলৈ অহাটোৱেই সম্ভৱ মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট আছিল।
৩) বৰ্তমান আপুনি এগৰাকী সফল লেখিকা হোৱাৰ লগতে চচিয়েল মিডিয়াৰ জনপ্ৰিয় মহিলা সাহিত্য গোট 'নব্যনাৰী'ৰো জন্মদাত্ৰী ৷ বৰ্তমান সময়লৈ হয়তো আপুনি বিভিন্নধৰণৰ তিতা-মিঠা অভিজ্ঞতাৰ সন্মুখীন হৈছে ৷ সেই বিষয়ে আমাক জনাব নেকি?
উত্তৰঃ"নব্যনাৰী" আচলতে এটা সৰু গ্রুপ লেখিকা সকলৰ। ই whatsaap ৰ হে গ্রুপ। সেয়ে সামাজিক মাধ্যমত দেখা পোৱা নাযায়। কিন্তু, বৰ্তমান নামটো পৰিচিত হৈছে,লেখিকা সকলৰ বাবে। তেওঁলোকৰ কলমে এটা মাত্ৰা দিছে গ্রুপটোক।
গ্রুপৰ ক্ষেত্ৰত এডমিন হিচাপে তিতাতকৈ মিঠা অভিজ্ঞতা বেছি পাইছোঁ। মত নিমিলিলে কেতিয়াবা দুই,এজন আতঁৰিছে যদিও বহু জনে গ্রুপ আৰু মোক আৱৰি আছে। জীৱনৰ বাটত আগুৱাই যাওঁতে প্ৰতি খোজতে এই ভাল-বেয়া, ওখ-চাপৰ পথ থাকিবই। সকলো বাধা অতিক্ৰম কৰি আজিলৈকে চলি আছোঁ।আগলৈকো যাব পাৰিম বুলি নিশ্চিত।
৪) সাহিত্য সমাজৰ দাপোণ বুলি কওঁ৷ বৰ্তমানৰ যুৱপ্ৰজন্মৰ সাহিত্য চৰ্চাত জড়িত সকলে সমাজৰ সমস্যাবোৰ সঠিককৈ তুলি ধৰিব পাৰিছেনে?
উত্তৰঃ এইটো ভাল প্ৰশ্ন। একে আষাৰে ক'ব নোৱাৰি যে সমস্যা বোৰ তুলি ধৰিব পৰা নাই। কিছুমান খুব চিৰিয়াছ লেখক-লেখিকা ওলাইছে নতুন প্ৰজন্মৰ। সমাজৰ কেৰোণ বোৰ তেওঁলোকৰ লেখাত ফুটি উঠিছে বা ফুটাবলৈ যত্ন কৰিছে। কিন্তু, বেছিভাগেই এই বিষয়ে উদাসীন। যিটো সাংঘাতিক চিন্তনীয়।
৫) এগৰাকী ভাল লেখক বা লেখিকা হ’বলৈ কেনেকুৱা ধৰণৰ গ্ৰন্থবোৰ অধ্যয়ন কৰাটো প্ৰয়োজন? কেইখনমান তেনেকুৱা গ্ৰন্থৰ নাম ?
উত্তৰঃ মই ভাবো, ৰুচি সন্মত যি কোনো কিতাপেই আমি পঢ়ি চোৱা উচিত। সেয়া লাগিলে জীৱনী সাহিত্যই হওক,উপন্যাস, গল্প,অনুবাদ সাহিত্যই হওক। খৰচি মাৰি পঢ়িব লাগে। আমাৰ অগ্ৰজ সকলে লিখি যোৱা প্ৰতিখন মূল্যবান কিতাপেই একো একোটা শিক্ষা আমাক দি যায়। কিতাপ পঢ়িলেহে আমি গম পাওঁ,আমি আচলতে কিমান নাজানো।
ব্যক্তিগত ভাৱে তেনে বিশিষ্ট লেখকৰ বহু কিতাপেই মোক প্ৰেৰণা দিয়ে। নাম ল'লে এখন দীঘলীয়া তালিকা হব।এটা কথাই কওঁ, ৰুচি সন্মত প্ৰতিখন কিতাপতেই আমাৰ বাবে জীৱন দায়িনী ঔষধ থাকে।
৬) জনপ্ৰিয় হোৱাটচ এপ মহিলা গোট 'নব্যনাৰী'ক লৈ আপোনাৰ কি কি সপোন আছে জনাব নেকি লগতে নৱপ্ৰজন্মক সাহিত্যৰ দিশত আগবাঢ়িবলৈ আপুনি কি উপদেশ দিব বিচাৰে?
উত্তৰঃ *নব্যনাৰী* গ্রুপটো আচলতে মোৰ উশাহ। হেঁপাহ আৰু সপোনৰ সংমিশ্ৰণত জন্ম এই গ্রুপৰ। মাজে মাজে দুই,এটা অনুষ্ঠান আমি কৰিছোঁ। বানপানীৰ সময়তো সাহাৰ্য প্ৰদান কৰিব পৰাকৈ আমি সংগঠিত হৈছোঁ। এইটো যিহেতু লেখিকা গ্রুপ,সেয়ে সাহিত্য জগতৰ লগত সংযুক্ত হৈ থকাৰ পদক্ষেপেই আগলৈকো গ্ৰহণ কৰা হব। পৰিকল্পনা বহুত আছে, সময়-সুবিধা মিলিলে পূৰ্ণতা দিয়া হব। সদ্যহতে এই বিষয়ে নজনাও দিয়ক।
উপদেশ দিব পৰাকৈ মই যোগ্য হৈ উঠা নাই। মাত্ৰ কওঁ, লিখা কামটো নতুনৰ একাংশই বৰ উজু বুলি ভাবিছে। আচলতে তেনে নহয়, সাধনা অবিহনে একো কামতেই আমি সিদ্ধি লাভ নকৰো। সেয়ে,পঢ়ক,শিকক ,তাৰ পাছত লিখক।
৭) Social Media ত সাহিত্য চৰ্চা কৰা বিষয়টোক লৈ কি ক’ব? বহুতেই অভিযোগ কৰে যে Social Media ই সাহিত্যৰ মানদণ্ড হ্ৰাস কৰিছে ৷ আপুনি কেনেকৈ ভাবে সমগ্ৰ বিষয়টো?
উত্তৰঃ আচলতে তেনে নহয়। বৰ্তমান সময়ত প্ৰায় সকলো ফালেই ডিজিটেল হৈ পৰিছে। এতিয়া ক'ৰণাৰ দৰে মহামাৰীয়ে আনকি স্কুল-কলেজৰ শিক্ষাও ডিজিটেল কৰি পেলালে। ছপা মাধ্যম ,সামাজিক মাধ্যম বুলি কথা নাই, ভাল লেখা এটাৰ আদৰ সকলোতে আছে। কোনেও কাৰো মানদণ্ড তললৈ নিব নোৱাৰে। কেতিয়াবা ছপা মাধ্যমৰ লেখা এটায়ে আমাক মানসিক তৃপ্তি দিয়াত ব্যৰ্থ হয়, কিন্তু তাৰ তুলনাত সামাজিক মাধ্যমৰ লেখাত জীৱন থাকে। মানুহে প্ৰেৰণা লাভ কৰে। সামাজিক মাধ্যমে লেখক-পাঠকক ওচৰ চপাই আনিছে। মই সমগ্ৰ বিষয়টো যোগাত্মক দৃষ্টিভঙ্গীৰে চাব খোজো।
৮) আপোনাৰ ব্যক্তিগত জীৱন সম্পৰ্কে কওঁকচোন৷ আপোনাৰ পৰিয়াল?
উত্তৰঃ ব্যক্তিগত জীৱন বুলিলে কৈছোৱেই, মই মা-দেউতাৰ একমাত্ৰ সন্তান। আৰু বিবাহ সূত্ৰে শাহু-শহুৰ,ননদ। বৰ্তমান স্বামীৰ কৰ্মসূত্ৰে আমি গুৱাহাটীত থাকোঁ। আমাৰ পাঁচ বছৰীয়া ল'ৰা এটা আছে।
৯) আপুনি ৰাইজৰ আগত নিজকে কি হিচাপে চিনাকি দি ভাল পায়? আপোনাৰ সপোন? পৰিকল্পনা?
উত্তৰঃ মই নিশ্চয়কৈ *লেখিকা* আশাদীপা শইকীয়া বুলি চিনাকি দিবলৈ ভাল পাম।যিটো এতিয়াও সপোন হৈ আছে।
জীৱনৰ পৰিকল্পনা বোৰ মই সাধাৰণতে আগতেই কেতিয়াও নলও। হঠাৎ সিদ্ধান্ত লওঁ। সেয়ে ক'ব নোৱাৰি এই বিষয়ে।
১০) শেষত 'অঙ্গন' আলোচনীলৈ আপোনাৰ বাৰ্তা?
উত্তৰঃ শুনি খুব ভাল পাইছোঁ, ইমান দুৰ্যোগৰ দিনতো *অঙ্গন* আলোচনীৰ কৰ্মকর্তাই পাঠকক সাহিত্যৰ সোৱাদ দিবলৈ চেষ্টা কৰিছে। এনে ধৰণৰ কামবোৰে নতুন প্ৰজন্মকো এটা পথ দেখুৱাই। আলোচনীখন দীৰ্ঘজীৱী হওক। ন ন লেখাৰে পাঠকৰ মন জয় কৰক। সকলো লৈকে আন্তৰিক শুভকামনা যাছিলোঁ।
পৃষ্ঠাঃ ৩৮
অনুভৱঃ
সাম্প্ৰতিক সময় আৰু শাৰদীয় কিছু অনুভৱ
ৰীপা দোলাকাষৰীয়া
কমলাবাৰী, মাজুলী
ফোন নং-৭৫৭৮৮০২৮৩৭
এইয়া শৰতৰ বতৰ
নীলাভ আকাশত শুকুলা ডাৱৰ,
মলয়াৰ সজীৱ বতাহ,
শেৱালিৰ কোমল সুবাস,
হালি-জালি নচা কহুৱাৰ শাৰী,
স্নিগ্ধ জোনাকৰ ৰূপালী মায়াৰে ,
দুৱৰিত পৰি ৰয় নিয়ৰৰ মুকুতা মণি।
ধৰাৰ বুকুলৈ শৰতৰ আগমন;
প্ৰকৃতিৰ নতুন সাজোন -কাচোন।
প্ৰকৃতিৰ উপমাৰে সমাজখনো নকৈ গঢ়িব নোৱাৰিনে?
বহুতো সময়ত বহুতো প্ৰত্যাহ্বানে ভাঙি দিছে সমাজৰ শৃংখলা;
বিশৃংখল সমাজখনত সিঁচৰিত হৈ পৰি ৰৈছে ব্যৰ্থতাৰ কিছু টুকুৰা অনুভূতি ----- অপ্ৰত্যাশিত কিছু জীৱন্ত সত্বা-----
স্তব্ধ সময়
কঁপি উঠে আত্মা
নিদ্ৰাৰ মাজতো নেথাকে শান্তি
থাকে মাথো শংকা,
থাকে হেৰুৱাৰ দুৰ্বিসহ যন্ত্ৰণা;
যেন বুকু ভেদি বাগৰি আহে তপ্ত ৰক্তৰ ধাৰা,
যেন দুচকুৰে বাগৰি আহিছে অবাধ্য চকুলোৰ বন্যা।
এইয়া আমাৰ আৱেগ আৰু কিছু মিশ্ৰিত অনুভৱৰ তাগিদাৰে সৃষ্টি হোৱা অবাধ্য চিন্তা মাথো। এই চিন্তাৰ চক্ৰবেহু ভেদ কৰি অশৃংখলিত সময়খিনিক ধ্বংসৰ গৰাহৰ পৰা সৃষ্টিমুখী পথেৰে ধাৱমান হ'ব পৰাকৈ সমাজখনো কৰি তুলিব লাগিব শৰতৰ স্নিগ্ধতাৰ দৰেই মনোমোহা।
গতিশীল প্ৰকৃতিৰ নিৰবধি যাত্ৰাত সমাজৰ প্ৰত্যাহ্বান হ'ব নোৱাৰে হেঙাৰ স্বৰূপ।বৰ্ণিল প্ৰকৃতিয়ে স্বক্ৰীয়তা ধৰি ৰাখি নিজকে সজাই ন ৰূপেৰে।সেয়েহে -
আহে শৰৎ, আহে বসন্ত,
ফুলে শেৱালি-কহুৱা, নামে কুঁৱলী;
ফুলে কপৌ-তগৰ, বিনাই কুলি-কেতেকী।
প্ৰকৃতি ৰাণীয়ে যিদৰে পৰিবৰ্তনশীল ঋতুৰ লগে লগে নিজকে ভিন্ন ৰূপেৰে সজাই তোলে । ঠিক সেইদৰে প্ৰত্যাহ্বানী সময়ৰ লগে লগে সমাজ খনেও ভিন্ন চিন্তাৰ অৱসান ঘটাই ন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হ'ব লাগিব আৰু সমাজৰ অংশীদাৰ হিচাবে আমি মানৱ জাতিও মানসিক ভাৱে প্ৰস্তুত হ'ব লাগিব। মহামাৰীৰ আতংকই স্তব্ধ কৰি দিয়া সমাজ খনত আৰু যাতে ন বিভীষিকাই ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে শাৰীৰিক আৰু মানসিক ভাৱে আমি সকলো প্ৰস্তুত হ'ব লাগিব।
সেয়েহে হাতত তুলি ল'লো কলম,
নিকা কাগজত বাচি গ'লো আখৰৰ বুটা বোৰ ;
উজলি উঠিল চেতন-অৱচেতন মনৰ
কিছু প্ৰতিক্ৰিয়া ইয়াৰ ভাঁজে ভাঁজে।
শৰতৰ জোনাকে উজলাই তুলিব
নৱ প্ৰজন্মৰ নৱ চেতনাক,
আগুৱাই যাব সমাজ উন্নতিৰ পথত
নেথাকিব শংকা, নেথাকিব একোৰে ভয়;
থাকিব মাথো প্ৰত্যাশা, হ'ব লাগিব আমাৰেই জয়।
আহক; শাৰদীয় এই বেলাত
পুৰণি প্ৰেৰণা লৈ সৃষ্টি কৰো নতুনৰ পথ,সাহসেৰে সংস্কৃতিক কৰি লওঁ আমাৰ সাৰথী।প্ৰত্যাহ্বানৰ শংকা আৰু ব্যৰ্থতা পৰিহাৰ কৰি বিশ্ব শান্তিৰ চিৰসেউজ পথেৰে আমি আগবাঢ়ো। অশান্ত পৰিৱেশ পাহৰি শৰতৰ দৰেই যেন সকলো নিৰ্মল হয় তাৰেই কামনা কৰি শাৰদীয় শুভেচ্ছাৰে-------
পৃষ্ঠাঃ ৩৯
মােৰ ভ্রমণ ডায়েৰী' - ৪
নাম্চি আৰু গেংটক
শর্মীষ্ঠা বর্মন
নতুন দিল্লী
'টিন্ধাৰিয়া'ত থকা আইতাৰ দেহাৱসানৰ পাছত হ'বলগীয়া সকামত উপস্থিত হ'বলৈ আমি সপৰিয়ালে দিল্লীৰ পৰা ৰাওনা দিলো ৷ সকামৰ পাছতো এখেতৰ মনৰপৰা 'শ্মশান বৈৰাগ্য' দূৰ নোহোৱা দেখি পাহাৰৰ সুন্দৰ ঠাই এখনত ফুৰিবলৈ যোৱাৰ কথা ভাবিলো৷ঈশ্বৰসৃষ্ট পাহাৰৰ নৈসর্গিক তথা ঐশ্বৰিক সৌন্দর্য্যত স্বয়ং ঈশ্বৰেই বসবাস কৰা যেন অনুভৱ হয়৷সেয়েহে চিক্কিমৰ ফালে খোজ ল'লো৷
'টিন্ধাৰিয়া'ৰপৰা 'ছিলিগুৰি'লৈ নামি আহি ভাড়া গাড়ী এখন বন্দৱস্ত কৰিলো৷এইবাৰ আমাৰ সঙ্গী হ'বলৈ কাৰো আহৰি নাছিল৷তেতিয়া আছিল মে' মাহ,বাৰিষাৰ বতৰ৷এই সময় ফুৰাৰ বাবে বৰ উপযুক্ত বুলি বিবেচনা কৰা নহয়৷ আমাৰ লগত আছিল আমি চাকৰিলৈ যোৱা সময়খিনিত ল'ৰা-ছোৱালীহাল তথা বৃদ্ধ শহুৰদেউতাক চোৱা চিতা কৰিবলৈ ৰখোৱা ছোৱালীজনী ৷তেওঁলোকে কেতিয়াও এইদৰে ফুৰিবলৈ যোৱাৰ সুযোগ নাপায় বুলি আমি প্রায়ে লগত লৈয়ে ফুৰো৷
দক্ষিণ চিক্কিমত অৱস্থিত 'নাম্চি'ৰ 'ছিলিগুৰি'ৰপৰা দূৰত্ব ৯২ কিঃমিঃ৷আবেলি পৰত আমি 'নাম্চি' পালোগৈ৷তাত এখন 'হোম ষ্টে'ত উঠিলোগৈ৷একেবাৰে ঘৰুৱা পৰিৱেশ৷কিছুপৰ জিৰণি লৈ 'হোম ষ্টে'ৰ মালিকজনে নিজৰ গাড়ীৰে আমাক পাহাৰৰ ওপৰত অৱস্থিত 'সিদ্ধেশ্বৰ' দেখুৱাবলৈ লৈ গ'ল৷'সিদ্ধেশ্বৰ' হৈছে হিন্দু মন্দিৰ৷ই 'নাম্চি'ৰ মূল চহৰৰপৰা ৫ কিঃ মিঃ দূৰত্বত অৱস্থিত৷ইয়াত ১০৮ ফুট ওখ শিৱৰ মূর্ত্তি স্থাপন কৰা হৈছে৷ইয়াত ভাৰতৰ বিভিন্ন ঠাইত থকা থকা ১২ টা জোতির্লিঙ্গৰ লগতে হিন্দু ধর্ম্মমতে মান্যতাপ্রাপ্ত চাৰিটা মূখ্য ধাম ;যেনে পূৱফালৰ 'জগন্নাথ', পশ্চিমৰ 'দ্বাৰিকা',দক্ষিণৰ 'ৰামেশ্বৰম' আৰু উত্তৰৰ 'বদ্রীনাথ'ৰ অনুৰূপ মন্দিৰ সজোৱা হৈছে৷তদুপৰি ভাৰতৰ বিভিন্ন ঠাইত থকা আন আন মন্দিৰৰ অনুৰূপো তাত সজোৱা আছে৷এনে লাগিল যেন সমগ্র ভাৰতবর্ষখনক একেটা পাহাৰতে 'হাতী মাৰি ভূৰুকাত'হে ভৰাই থোৱা হৈছে৷সকলোবোৰ চাই পাহাৰৰখনৰ পৰা নামিব ধৰোতেই কিনকিনীয়া বৰষুণ এজাক আহি পৰিল৷ কিন্তু বেয়া নালাগিল৷ক্ষন্তেক পৰ এনে লাগিল যেন স্বর্গতহে বিচৰণ কৰি আছাে৷
আমি থকা 'হোম ষ্টে'ৰ নিচেই কাষত এটি 'ছাইবাবা'ৰ মন্দিৰ দেখা পালো৷ পিছদিনা পুৱা ইয়ালৈ আহিলো৷মন্দিৰৰ ভিতৰৰ সুন্দৰ কাৰুকার্য্য আৰু ধুনীয়া 'পেন্টিং'বোৰে আমাৰ মন বৰকৈ মোহিত কৰিলে৷চাৰিওফালৰ পাহাৰৰ মাজত অৱস্থিত এই মন্দিৰেও মনত প্রশান্তি প্রদান কৰে৷
এইবাৰ ভাড়া গাড়ী এখনেৰে আমি ওলালো 'নাডাম মনেষ্ত্রি' চাবলৈ৷'নাম্চি'ৰ পৰা সামান্য দূৰত্বত অৱস্থিত যদিও পাহাৰৰ ওপৰত হোৱা বাবে আমাৰ দূৰ যেনেই ভাৱ হ'ল৷ই বহু বছৰ পুৰণি 'মনেষ্ত্রি' ৷'মেডিটেশ্বন'ৰ বাবে সর্ব্বশ্রেষ্ঠ স্থান৷ভৱ্য 'মনেষ্ত্রি'ৰ কাষতে জহি খহি যাব ধৰা পুৰণি 'মনেষ্ত্রি' এটা দেখা পালো৷১৭ শ' শতিকাত হোৱা ভূমিকম্পৰ ফলত এই 'মনেষ্ত্রি' ক্ষয় ক্ষতি হোৱা বাবে নতুন 'মনেষ্ত্রি' এটা সজোৱা হৈছিল৷প্রাকৃতিক সৌন্দর্য্যৰ মাজত থকা এই চিৰপ্রশান্ত স্থানলৈ পুনৰ আহিম বুলি মনতে ভাৱিলো৷তাত থকা লামাসকলৰ পৰা জানিব পাৰিলো যে ইয়াত এবাৰ আহিলে পুনৰ হেনো আহিব লাগে৷'নাডাম' শব্দটোৰ স্থানীয় অর্থ হৈছে প্রতিজ্ঞা কৰা (যেন পুনৰ আহিবলৈ) ৷
এইবাৰ আমি আহিলো 'ছামড্রপ্চে মনেষ্ত্রি'লৈ৷দক্ষিণ চিক্কিমৰ 'ছামড্রপ্চে' পাহাৰখনক স্থানীয় ভূটীয়া ভাষাত 'Wish fulfilling hill' বুলি কোৱা হ'য়৷ এই 'মনেষ্ত্রি'ৰ চূড়াত অভূতপূর্ব কাৰুকার্য্যৰে ৪৫ মিটাৰ ওখকৈ পদ্মসম্ভৱৰ গুৰুৰ এটি মূর্তি সজোৱা আছে৷সূর্য্যৰ পোহৰত বৰ ধুনীয়াকৈ জিলিকি উঠে৷
এইবাৰ 'নাম্চি'ৰ পৰা আমি 'গেংটক' অভিমুখে ৰাওনা হ'লো৷'নাম্চি'ৰ পৰাই ঠিক কৰি থোৱা 'গেংটক'ৰ 'হোটেল' খনত সোমালো৷'গেংটক'ত তেতিয়া ডাঙৰ এজাক বৰষুণ পৰি আছিল৷ বৰষুণ এৰালৈ আমি অকণমান জিৰাই ল'লো৷
বৰষুণে এৰা দিয়াৰ লগে লগে ওলাই গ'লো৷এইবাৰ পালো 'গেংটক'ৰ 'বন জাক্রি ফ'ল' ৷ কি মনোৰম জলপ্রপাত৷তাত পর্যটকসকলক স্থানীয় ভূটীয়া সাজ পাৰ,যেনে,'কিৰা' আৰু 'বক্কো' পিন্ধাই ফটো তুলি দি দুপইচা অর্জন কৰিবলৈ দুই তিনিটা দল ৰৈ আছিল৷চিন হিচাপে থাকিব বুলি সেইবোৰ পিন্ধি কেইখন ফটো তুলিলো৷
তাৰ পাছত গ'লো 'ৰুমটেক মনেষ্ত্রি',যাক 'ধর্ম্মচক্র চেণ্টাৰ' বুলিও কোৱা হ'য়৷পুনৰ সুন্দৰ আৰু শান্ত স্থান পৰিৱেশ৷তাত সৰু-বৰ লামা আৰু আমালা(স্ত্রীলিঙ্গ)সকলক দেখি মনত কৌতুহল উপজিল৷সোধ পোচ কৰি জানিব পাৰিলো যে ইয়াত তিব্বতীয় বৌদ্ধ ধর্ম্মাৱলম্বীৰ লোকসকলৰ 'কর্ম কাগ্যো'ৰ অন্তর্গত থকা 'বর্ডিং স্কুল' আছে৷'ৱাংচুক দর্জে'(নৱম কর্মাপা লামা)ৰ নির্দ্দেশত ১৮ শ' শতিকাৰ মাজভাগত ইয়াক নির্মাণ কৰা হৈছিল যদিও ১৯৫৯ চনত যেতিয়া 'ৰাংজুং ৰিগ্পী' দর্জে'(১৬ সংখ্যক কর্মাপা) তিব্বতলৈ পলাই যায় তেতিয়াৰপৰা ইয়াৰ ধ্বংস আৰম্ভ হ'য়৷
তাৰপৰা আমি গ'লো 'টাশ্বি ভিউ পইণ্ট' চাবলৈ৷ইয়াৰ পৰা 'কাঞ্চনজঙ্ঘা' বৰ স্পষ্ট আৰু ধুনীয়াকৈ দেখিবলৈ পোৱা যায়৷আমি পিছে ভালদৰে দেখা নাপালো৷কাৰণ বতৰ বেয়া হৈ আহিছিল৷বৰষুণ পৰিবই যেন লাগিছিল৷
এইবাৰ গ'লো 'গণেশটক'লৈ ৷ইতিমধ্যে সন্ধিয়া লাগিছিলেই ৷বৰষুণো পৰিব ধৰিলে৷তথাপিও যেনে তেনে আমি 'গণেশটক' চাই আহিলো৷ হোটেললৈ উভতি আহোঁতে দবা পিটা বৰষুণ হ'ব ধৰিলে৷
'বাবা হৰভজন সিং মন্দিৰ ,'নাথুলা' আদি কৰি 'চিক্কিম'ত চাবলগীয়া বহু ঠাই আছে৷ সময়ৰ অভাৱত আমি বেছিকৈ ফুৰিব নোৱাৰিলো৷কিন্তু পুনৰ আহিম বুলি মনে মনে নিজকে প্রতিশ্রুতি দি ঘৰলৈ উভতিলো৷
মই কোনোদিনে মঠ মন্দিৰত পূজা কৰাৰ অভিপ্রায়েৰে ভ্রমণ কৰা নাই ৷প্রাকৃতিক আৰু ভৌগোলিক দৃষ্টিভঙ্গীৰে ভ্রমণ কৰিলে ঈশ্বৰ সৃষ্ট এই সুন্দৰ পৃথিৱীখনক এক বিশাল উপভোগ্য স্থান যেন অনুভৱ কৰিব পাৰি ৷সেইবাবে ভ্রমণ মোৰ সদায় প্রিয়৷
পৃষ্ঠাঃ ৪০
শিশু সাহিত্য:
শিশুক আত্মবিশ্বাস গঢ়াই কর্মৰ মহত্ব বুজাওক
অজয় বৰুৱা
দৰং
ভবিষ্যত উত্তৰাধিকাৰী শিশুসকলৰ প্রতি পৰিয়াল তথা সমাজৰ দায়বদ্ধতা যে সিহঁতৰ শাৰীৰিক মানসিক বিকাশৰ লগত হোৱা পৰিবর্তনবোৰ বুজিব চেষ্টা কৰাটো। যিয়ে সিহঁতৰ প্রতি থকা যত্ন আৰু সঁহাৰি থকাটো বুজাই। বর্তমানৰ মানসিক চাপৰ প্রভাৱেৰে প্রভাৱিত প্রতিটো শিশু শৈশৱ অৱস্থাৰ পৰা ভাৰাক্রান্ত। এনে পৰিস্থিতিৰ বাবে শিশু এটিৰ পিছলৈ নিজৰ ওপৰত থকা বিশ্বাস অর্থাৎ আত্মবিশ্বাস নোহোৱা হৈ যায়। ইয়াৰ বাবে অভিভাৱক সকলে সৰুৰ পৰাই কিছু কথাত গুৰুত্ব দিয়া উচিত। অভিভাৱকে শিশু এটিক প্রথমে অধিক সময় দি সিহঁতৰ মৰম, আদৰ যত্ন লোৱা উচিত। সিহঁতক অনুসন্ধিৎসু মনটোক কঠোৰ অনুশাসনেৰে দমিত নকৰি মনৰ কথা কবলৈ সুযোগ দিয়া , উৎসাহ উদ্দীপনা দিয়া, সজ আচৰণ শিকোৱা, সিহঁতৰ সিদ্ধান্তক সন্মান কৰা, সিহঁতে শাৰীৰিক -মানসিক সমস্যাত নোভুগিবলৈ মনৰ কথা কবলৈ সুযোগ দিব লাগে। সিহঁতক কোনো কাৰণত বয়সতকৈ সৰু হৈ থাকিবলৈ নিদি দায়িত্বশীল, আদর্শবান, নিয়মানুবর্তিতা, সু-শৃংখল আদিৰ শিক্ষা দি আত্মবিশ্বাসী কৰি গঢ়ি তোলা উচিত। ইয়াৰ উপৰিও প্রথমেই লক্ষ্যস্থিৰ কৰিবলৈ শিকোৱা উচিত। এই লক্ষ্য বাস্তৱ সন্মত হ'লে ভাল। মাক বাপেকৰ বাবে সন্তানৰ শিক্ষাই ডাঙৰ সম্পদ। প্রত্যকেই নিজৰ সন্তানটো উচ্চ শিক্ষাৰে শিক্ষিত ,জ্ঞানী হোৱাটো বিচাৰে। জীৱনত গুৰুত্বপূর্ণ শিক্ষাই হৈছে আত্মবিশ্বাসৰ শিক্ষা। সৰুৰ পৰা এই আত্মবিশ্বাস গঢ়ি তুলিব নোৱাৰিলে শিশু সফল নহ'ব জীৱনত। শিশুক মানসিকভাৱে শক্তিশালী কৰা উপায়বোৰৰ ভিতৰত ,সন্তানৰ প্রচেষ্টাক আমি প্রশংসা কৰা উচিত। সৰু -বৰ নাই যি প্রচেষ্টাই নকৰক উৎসাহ-উদ্দীপনা দিয়া উচিত।নিৰুৎসাহ কেতিয়াও কৰিব নালাগে। সন্তানক নিজৰ সমস্যা সমাধান নিজকে কৰিবলৈ উৎসাহ দিব লাগে।অভিভাৱক সকলে সমস্যাৰ সমাধানৰ আগভাগ নলৈ শিশুটিক কৰিবলৈ দি নিদের্শনা দিব লাগে। তেতিয়া শিশুটিৰ আত্মবিশ্বাস বাঢ়ে।বিশেষকৈ পঢ়া-শুনাৰ ক্ষেত্রত ,দৈনন্দিন জীৱনত শিশুটোৱে কৰিব পৰা কামবোৰৰ ভিতৰত কৰিবলৈ আগবঢ়াই দিয়া উচিত। শিশুক পঢ়া-শুনাৰ লগতে খেলা-ধূলাৰ আদিৰ অনুশীলনৰ বাবেও উৎসাহ দিয়া প্রয়োজন। ই আত্মবিশ্বাস যোগোৱাত সহায়ক হয়। অভিভাৱকে নিজৰ সন্তানটিক কিছুমান সৰু সৰু প্রত্যাহ্বানৰ সন্মুখীত হ'বলৈ দিব লাগে। এনে কৰিলে বাস্তৱিক অভিজ্ঞতাৰ লগতে নিজৰ ওপৰত বিশ্বাস দৃঢ় হয়। ব্যর্থতায়ে শিশুৰ শিক্ষা গ্রহণত আত্মবিশ্বাস বঢ়ায়। কোনো ক্ষেত্রত সন্তানটি ব্যর্থ হ'লে নিৰুৎসাহ নকৰি অভিভাৱকে সকলো দিশতে উৎসাহ প্রদান কৰা উচিত। ব্যথতাই শিশুটিৰ মনত ৠণাত্মক প্রভাৱ পেলাব নোৱাৰাৰ বাবে সদায় চেষ্টা কৰা উচিত। শিশুক তুলনা, সমালোচনা আদি কৰা অনুচিত। অনুপ্রেৰণা মূলক মন্তব্যৰে উৎসাহ দি
ভুলবোৰ সংশোধন আদি কৰি উপদেশমূলক কথা কলে শিশুহঁত উপকৃত হয়। আমি আমাৰ শিশুটিক প্রতিভাৰ বাবে নহয় চেষ্টাৰ বাবেহে আগ্রহী , উৎসাহী কৰাটো উচিত। শৈশৱত সন্তানৰ সকলো কথাতে আত্মবিশ্বাস বঢ়াই তুলিবলৈ একান্তভাৱে যত্ন কৰা উচিত। শিশুটিক বন্ধুসুলভ ব্যৱহাৰ কৰা বা বন্ধু ভাৱেৰে অণুপ্রেৰণা, উৎসাহ দিলে ভবিষ্যত সুন্দৰ ,উন্নতি লগতে প্রৱল আত্ম বিশ্বাসীৰ অধিকাৰী হয়।
শিশু এটিক সকলো বস্তুৰে মূল্য, প্রয়োজনীয়তা, ব্যৱহাৰ শিকোৱা উচিত। বিশেষকৈ সৰুৰ পৰা ধন-বিত খৰচ কৰা, সঞ্চয় কৰা,।তাৰ মূল্য উপলব্ধি কৰা। কিছুমানে সৰুৰৰ পৰাই কাৰণে-অকাৰণে টকা -পইচা খৰচৰ এটা অভ্যাস গঢ়ি তোলে। শিশুটি ডাঙৰ হোৱাৰ লগে লগে সামাজিক , অর্থ-ব্যৱস্থা উচ্চ ঋণৰ হাৰ, নিবনুৱা সমস্যা তথা অন্ন বস্ত্র , বাসস্থানৰ দৰে গভীৰ সমস্যাসমূহৰ মুখা-মুখী হ'ব লগীয়া হয়। সেয়ে শিশু সকলৰ মাজত শ্রম কৰাৰ লগতে মিতব্যয়িতাৰ কথা শিকাব তথা মানসিকাতা জগাই তুলিব লাগে। জীৱনত সফল হ'বলৈ আত্মনির্ভৰশীল যে হ'ব লাগিব তাৰ শিক্ষাৰ বীজও ৰোপণ কৰিব লাগিব শৈশৱৰ পৰাই। এই ক্ষত্রেত অভিভাৱক তথা ডাঙৰ ব্যক্তি সকলে কৰিব লগীয়া বা শিকাব লগীয়া কথাবোৰৰ ভিতৰত,
শিশু এটিক আমি কেতিয়াও টকাৰ লোভ দেখুওৱা উচিত নহয়। কিবা কাম কৰা, পঢ়া শুনা কৰা, দুষ্টালি নকৰা আদিৰ বাবে নগদ ধনৰ পুৰস্কিত কৰা বা লোভ দেখুওৱা অতিকৈ বেয়া অভ্যাস । এই অভ্যাসে পিছলৈ শিশু এটিৰ দাবীলৈ পৰিবর্তন হৈ যাব। আমি শিশু এটিক ভাল কামৰ বাবে বা ভাল কাম কৰিবলৈ উৎসাহ, উদ্দীপনা দিব লাগে,পুৰস্কৃতও কৰিব লাগে। কিন্তু সেয়া টকা-পইচা হ'ব নালাগে।।শিশুক পকেট খৰচ দিওঁতে সাৱধান হোৱা উচিত। টকা পইচাৰ গুৰুত্ব আৰু দায়িত্ব বুজি খৰচ কৰিব লৈ শিকাই শিশুক নিয়মিত পকেট খৰচ দিব লাগে। এই খৰচ সপ্তাহত বা মাহত দি সঁকীয়াই দিয়াৰ প্রয়োজন যে পৰর্ৱতী পকেট খৰচ সময়ত পোৱালৈ ইয়াৰেই কাম চলিব।সন্তানক সুবিধাভোগী কৰি নুতুলিব। নিজৰ আর্থিকস্থিতিৰ সম্ভেদ দিব লাগে। নিজে সম্পূর্ণ আর্থিক সংকটত পৰি শিশুটিক অভাৱহীন জীৱন এটি দিব নালাগে। অৱশ্য পঢ়া-শুনাৰ ক্ষেত্রত সম্পূর্ণ সুবিধা দিয়াটো প্রয়োজন। কিন্তু বিলাসী বস্তু, অপ্রয়োজনীয় বস্তু দিয়াৰ ক্ষেত্রত কঠোৰ হোৱা প্রয়োজন। ইয়াৰ উপৰিও সন্তানে প্রয়োজনাধিক সুবিধা পালে কঠিন আর্থিক স্থিতিত নিজক চম্ভালাৰ শক্তিকণ নাইকিয়া কৰে। যদি শৈশৱতে নিজৰ আর্থিক স্থিতিৰ বিষয়ে অৱগত কৰোৱা হয় তেতিয়া সিহঁতে হিচাপ কৰি খৰচ কৰা অভ্যাস কৰিব। ইয়াৰ উপৰিও পাৰিবাৰিক আয়-ব্যয়ৰ হিচাপ, অভাৱ -অনাতনৰ কথা সন্তানক জানিব দিব লাগে নহ'লে খৰচৰ সীমাৰেখাৰ সম্ভেদ নাপাব। তদুপৰি এই কথাই শিশুটিক মনত নতুন আকাংক্ষা বঢ়াই তোলে। শিশুৱে বিচৰা বস্তু এটা আর্থিক কাৰণত দিব নোৱাৰি তাক পৰিস্কাৰ কৰি বুজোৱা উচিত যাতে সি বিদ্রোহী নহয়, উপলব্ধি কৰে নিজৰ আর্থিক দিশটোৰ কথা।
নিজৰ সন্তানক আমি ঘৰুৱা কাম কাজৰ সতে সততে জড়িত কৰা উচিত। সিঁহতৰ বয়স অনুযায়ী, ৰুচি অনুযায়ী কাম কৰিব দিব লাগে বা শিকোৱা উচিত।।শিশুৰ মনত শ্রম কৰাৰ মানসিকতা, উদ্যম সততে বিৰাজ মান। সিহঁতে আগ্রহ দেখুৱা কামটো কৰিব দিব লাগে। ইয়াৰ ফলত কর্মস্পৃহা বাঢ়ে, আলস্য ভাৱ দূৰ হয়। মুঠতে শিশু এটিৰ ভবিষ্যতে কর্মোদ্যম বঢ়াবলৈ কর্মৰ মহত্ত্ব বুজোৱা উচিত, শিকোৱা উচিত লগতে সময়ৰ সৎ ব্যৱহাৰো।
পৃষ্ঠাঃ ৪১
শিশু সাহিত্য:
শিশুৰ আচৰণ
ৰাজশ্ৰী বৰা
গোলাঘাট
কোৱা হয় যে কোমলীয়া বাঁহ পোনাব পাৰি। আমি সকলোৱে জানো যে আমাৰ ব্যক্তিত্ব গঢ়াৰ প্ৰকৃত সময় শৈশৱ। শিশুকাল ছোৱাতেই আমি প্ৰায়খিনি কথা অনুকৰণ কৰিয়ে হওক বা মা-দেউতাৰ পৰাই হওক আহৰণ কৰোঁ।আমি শিকোঁ যে কি বেয়া কি ভাল, কেনে আচৰণ গ্ৰহণযোগ্য অথবা কোনবোৰ কথা কোৱাটো অনুচিত।
এতিয়া এই ভাল বেয়াৰ জ্ঞান শিশু এটিক দিয়াটো প্ৰতিজন অভিভাবক , জ্যেষ্ঠ ভাতৃ, অাৰু সমাজৰ এজন হিচাপে আমাৰেই কাম। আমি শিশুটোক সৎ পথৰে আগুৱাই নিয়াটো আমাৰ দায়িত্ব। এই দায়িত্ব কেৱল আপোন অৰ্থাৎ তেজৰ শিশুটোক প্ৰতি নহয়।এয়া দেশ তথা সমাজৰ ভৱিষ্যত স্বৰূপ প্ৰতিটো কণমানিৰ প্ৰতি থকাটো উচিত। আমি প্ৰতিটো শিশুক নিজৰ দায়িত্ব বুলি মানি যদি কম অলপমান আমাৰ কৰণীয় খিনি কৰোঁ নিশ্চয় পৃথিৱী ধুনীয়া হ'ব , কেৱল ধুনীয়াই নহয় মৰম স্নেহো বাঢ়িব। হৃদয়ৰ মলিনতা ধুই নিব পৰা যাব।
শৈশৱত আমি আমাৰ শিশুটোক কোনবোৰ দিশত সহায় কৰিব লাগে ?শিশুটোৱে আহৰণ কৰা কোনবোৰ কথাত আমি সংস্কাৰ কৰিব লাগে ? আমি সিহঁতৰ কোনবোৰ ধাৰণা ভাল কৰিব লাগে ?
হয়, শিশুৱে যি শিকে ঘৰখনৰ পৰা শিকে।আপোনজনৰ কথাখিনি পৰ্যবেক্ষণ কৰে আৰু বহুসময়ত তাৰ প্ৰয়োগ নিজে কৰে বা কৰিব বিচাৰে।একেদৰে এটি কণমানিয়ে আচৰণ অৰ্থাৎ ব্যৱহাৰো আপোনবোৰৰ পৰাই আহৰণ কৰে। শিশুটোক ব্যবহাৰ কেনে হ'ব লাগে শিকাব লাগে নে ? এইক্ষেত্ৰত আপোনাৰ মত কি ? প্ৰকৃততে ব্যৱহাৰ শিকাব নালাগে। আচৰণৰ মূল থলী ঘৰখন। সেয়ে ঘৰখনৰ প্ৰতিজনে শিশুটোক আগত নিজৰ সৎ আচৰণ প্ৰকাশ কৰিব লাগে। আচৰণ , শিষ্টাচাৰৰ আমি লেকচাৰ দিয়াতকৈ তাক প্ৰয়োগ কৰি দেখুওৱাব লাগে। কাৰণ উপদেশতকৈ আৰ্হি ভাল।আমি আমাৰ আচৰণ, সংস্কাৰে শিশুটোক সৰুৰে পৰা আপ্লুত কৰিব পাৰিব লাগে। সি আপোনা আপুনি ভালখিনি আহৰণ কৰাকৈ আমাৰ ঘৰখনৰ ব্যৱহাৰ হ'ব লাগে।
আচৰণৰ ক্ষেত্ৰত নীতি কথা/নৈতিক জ্ঞানৰ প্ৰয়োজনীয়তা কিমান?
নীতি কথাৰ প্ৰভাৱে আমাক আমাৰ কাৰ্যৰ সংশোধন কৰাই, যি আমাক শিকাই যে সৎ মানৱ হ'বলৈ আমি প্ৰকৃততে কোনবোৰ গুণৰ অধিকাৰী হোৱা উচিত। আমাৰ কৰণীয় খিনিৰ প্ৰতি অনবৰতে সচেতন কৰায়। প্ৰকৃততে যি জন ব্যক্তিৰ মনত নীতি কথাৰ প্ৰভাব সবল , মজবুত সেইজন মানুহে সহজে আনৰ অনিষ্ট সাধন কৰিব নোৱাৰে। এয়া আমাৰ বিশ্বাস সেইবাবেই আমি সৰুৰ পৰাই শিশুক নীতি শিক্ষা দিব পৰা সাধু শুনাও অথবা সিহঁতক ক'বলৈ দিওঁ। যাতে কওঁতে বা শুনি শুনি সিহঁতৰ মনত সেই কাহিনীটোৰ মৰেলটো ৰৈ যায়। এয়া কৰাৰ মূল উদ্দেশ্য হৈছে আমিৰ শিশুটোক মনত ভালখিনি ৰোপন কৰা।শিশুটোক দয়া, মৰম , স্নেহ, সহযোগিতা, ক্ষমা , দান , হিংসাৰ সৰ্বনাশ আৰু সৎ মানৱ হোৱাৰ গুণৰ অধিকাৰী কৰা। আমি প্ৰায়ে শিশু এটাক ৰজা আৰু ভাটো চৰাইৰ সাধু শুনাও, যাতে শিশুটোৱে জনা ভাল ব্যৱহাৰে তাক মৰম পোৱাত সহায় কৰিব। কিন্তু আমি পাহৰি যাওঁ যে ভাটৌটোৰ মাত শুৱলা হোৱাৰ কাৰণ সেই পৰিৱেশটো যি পৰিৱেশ এজন সাধুলোকৰ ঘৰৰ। আমি আমাৰ পৰিৱেশটোৱে গুৰুত্ব নিদিওঁ অথচ আচৰণ ভাল কৰাত জোৰ দিওঁ। সাধু তথা নীতি কথা শিকাওক কিন্তু তাৰ প্ৰয়োগ আপুনিয়েই কৰি দেখুৱাওক। কাৰ্য কৰিলেহে ফল আহে ।সেয়েহে আচৰণ আপোনাৰ মোৰ আৰু কাষৰজনৰ সৎ হোৱাটো নিতান্তই প্ৰয়োজনীয়, নহয় জানো?
এতিয়া যিহেতু আমি গৃহবন্দী। আপোনাৰ মোৰ সন্তান অনবৰতে আমাৰ কাষতে। আমি সিহঁতৰ লগত পুৱাৰ পৰা গধূলিলৈকে আছোঁ। সিহঁতৰ কামবোৰ চোৱা চিতা কৰাৰ সুবিধাও পাইছো। ভালকৈ এসাজ ৰান্ধি খোৱাৰ সময় যথেষ্ট পাইছো।আমি বাৰু আৰু কি কৰিছো, নিশ্চয় সিহঁতে যাতে কিতাপ খনত থকাবোৰ নাপাহৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছোঁ।বহুতে দিনটোৰ বেছিভাগ সময় পঢ়াত ব্যস্ত কৰিব বিচাৰোঁ। যাতে পঢ়াবোৰ নাপাহৰে। আনবহুতে শিশুৱে কৰি ভালপোৱা খিনি কৰিবলৈ দি শিশুটোক ভালে ৰখাত গুৰুত্ব দিছোঁ। প্ৰকৃততে এইটোহে কৰিব লাগে। বাৰু যি কি নহওঁক মই ক'ব বিচাৰিছোঁ যে এই সময়ত আপোনাৰ লগত, ঘৰখনতে শিশুটোৰ দিন ৰাতি পাৰ হৈছে। সেয়েহে আপোনাৰ আচৰণ, কাৰ্য কলাপ অনবৰতে দেখি আছে। মনত ৰাখিব আপোনাৰ পৰাই সি আহৰণ কৰিব। সেয়ে ঘৰখনৰ ব্যৱহাৰত নম্ৰতা ,ভদ্ৰতা, মানৱীয়তা জীয়াই ৰাখক।নিশ্চয় সময় যিয়ে নহওক সি সংস্কাৰ দলিয়াই পেলাব নোৱাৰে। নিজৰ আচৰণ নিজে সৎ কৰি লৈ সি আগবাঢ়িব।
পৃষ্ঠাঃ ৪২
গল্পঃ
স্বপ্নদ্ৰষ্টাৰ_আঙুলিটো
আদৃতা শিৱম
সোণতলিছিগা
শিৱসাগৰ
(১)
হিম পৰিছিল ৷ তিতি উঠা চাইকেলৰ চিটটো হাতৰ তলুৱাৰে মোহাৰি মোহাৰি সি তাইৰ ঘৰৰ পৰা উভতিবলে লৈছিল ৷ আনদিনাৰ দৰে তাই বাৰান্দাত ৰৈ থকা কথাটো অনুমান কৰিও এবাৰো উভতি নোচোৱাকৈ চাইকেলৰ পেডেল ঘূৰাইছিল ৷ পদূলিৰ শেৱালিজোপা ফুলি আছিল ৷ আমোলমোল গোন্ধটো নাকেৰে উজাই সি যেন সকাহহে দিব খুজিছিল বিষাই উঠা কলিজাখন ৷ পিছদিনাৰ পৰা সি টিউচনলৈ নাহে ৷ পাবলগীয়া পইচাকেইটা নিদিলেও নালাগে তাক ৷ পোৱা-নোপোৱাৰ হিচাববোৰ পাহৰি ওঁঠত হাঁহি এটা বিৰিঙাই থোৱাটো মধ্যবিত্তৰ জীৱনৰ সহজ কেমেষ্ট্ৰি ৷ সি ইতিমধ্যে পঢ়ুৱাই শেষ কৰিছিল তাই বুজাত সমস্যা পোৱা আটাইকেইটা চেপ্টাৰ । টেষ্ট এটা লোৱাৰ কথা ভাবিছিল সি ৷ পিচে সি নিজক লোৱা টেষ্টটোত যে ফেইল কৰাৰ এশ শতাংশ নিশ্চিত ৷ সেয়েহে সি যিমান পাৰি সোণকালে চাহপতীয়া হেঁপাহবোৰ চিঙি টুকুৰিত ভৰাই থ’লে ৷
ৰাতিপুৱাৰ সজীৱতা সানি পোহৰ হৈ উঠা পৃথিৱীখন সেইদিনা তাইৰ বাবে নতুন আছিল ৷ এখোজ দুখোজকৈ ৰৈছিলগৈ সৰা ফুলে দলিচা পৰা পদূলিটোত ৷ হাতত তুলি লৈছিল শেৱালি এপাহ ৷ পাহি মেলি ফুলি উঠা ধুনীয়া ফুলপাহ তাই তধা লাগি চাই ৰৈছিল ৷
“ফুল ফুলে বাবেই বুকু ভৰে ; বুকু ভৰা মানেইতো ভালপোৱা ৷”
কাহানিও কবিতা নিলিখা ছোৱালীজনী ৰোমাঞ্চিত হৈ পৰিছিল ৷ নয়ন জুৰোৱা এক মাদকতা চকুৱে মুখে সানি তাই হাঁহি উঠিছিল ৷ দুচকুত দুচকু থোৱাৰ মিঠা সপোন এটাৰে সাৰে ৰৈছিল দোভাগ নিশা ৷ তাই জানে চকুৰ মণিত মানুহে যাৰ ছবি লৈ ফুৰে তেওঁৰ বাবেইতো ভালপোৱাৰ কোমল কবিতা ৷
(২)
কোঠাটোৰ “ৰিভলভিং চেয়াৰ”খনত গাটো এৰি দি দুচকু জপাইছিল সি ৷ সেই পুৰাতন চিনাকি সুৱাস উজাইছিল বুকুৰে ৷ বকুল ফুল হৈ গোন্ধাইছিল সময় ৷ তাক শুভকামনা জনাবলৈ অহা তাই কোঠাটোৰ পৰা ওলাই গৈছিল ৷ জিলাখনৰ আগশাৰীৰ কলেজখনত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল সি ৷ তাইক যিদিনা প্ৰথমবাৰ লগ পাইছিল , ৰং যোৱা কামিজৰ সিঁয়নিত দুখ এটা লৈ সি জীৱনৰ নিমিলা অংক এটাত ব্যস্ত আছিল ৷ তাইৰ সংস্পৰ্শত তাৰ বুকুৰে বব খুজিছিল বোৱতী দিখৌ ৷ সুদীৰ্ঘ দিনৰ পাছত তাইৰ সতে দেখাদেখি ৷ তাই জানে এই দিনটোৰ বাবেই এদিন সি হেঁপাহবোৰ লেৰেলিবলৈ দিছিল ৷ সপোনৰ শুকান পাতবোৰ গুৰি কৰি সাঁচি ৰাখিছিল ৷
জীৱনৰ প্ৰথমটো কবিতা লিখোঁতে তাৰ চকুহাল ৰৈ থাকিছিলহি তাইৰ কাষত ৷ গহীন হ’ব খুজিও হঠাৎ সৰি পৰা হাঁহিটোৱে ক’ব খোজা কথাটো নুবুজিলেও তাই বুজিছিল ফুলৰ পাহিবোৰ সদায় ফুলি থাকিবৰ বাবে নেমেলে ৷ ফুলি উঠা ফুলপাহ মৰহে ৷ সৰে ৷ বীজ এটাত নিজৰ অস্তিত্ব সামৰি বিদায় লয় চিৰদিনৰ বাবে ৷ সপোন এটা গুজি দি সি এদিন গুচি গৈছিল ৷ তাই ভাবিছিল তাক হয়তো কাহানিও লগ নাপাব ৷ হয়তো কোনোবা অচিনাকি স্তপেজত দেখা-দেখি হ’ব ৷ অসময়ৰ অচিলাত দূৰলৈ গুচি গৈছিল ভালপোৱাৰ বাবে ৰখা আছুতীয়া আবেগ ৷ তাই পিন্ধি লৈছিল জেতুকা পাতৰ কলিজা এখন ৷ প্ৰাৰ্থনা কৰিছিল সি কুশলে থাকক ৷ সৰি পৰা এফোঁট পানীত তাৰ বাবে আছিল সহস্ৰ শুভকামনা ৷ গম নোপোৱাকৈয়ে তাইৰ আঙুলিত লাগিছিল তাৰ আঙুলিটো ৷ এই নুবুজা ভাল লগাখিনি তাই বহন কৰিছিল ওৰেটো ৰাতি ৷ ন’ট লিখাইছিল সি ৷ ৰিফিলৰ চিঞাহি শেষ হৈছিল তাইৰ ৷ সি আগবঢ়াই দিছিল নিজৰ কলমটো ৷ আজি তাই তালৈ লৈ আনিছিল কলম এটা ৷ তাক দিওঁতে ইচ্ছা কৰিয়েই স্পৰ্শ কৰিছিল তাৰ আঙুলি ৷ কোনো পাপবোধ নোহোৱাকৈ সি তাইৰ আঙুলিটো চুই চাইছিল ৷ তাই কঢ়িয়াই আনিছিল লগত স্বপ্নদ্ৰষ্টাৰ আঙুলিটো ৷
পৃষ্ঠাঃ ৪৩
গল্পঃ
বন্ধুত্ব
পাপু দত্ত
যোৰহাট
ঃ কি ভাৱি আছনো প্ৰদ্যুত ?অথনিৰে পৰা তই মুখেৰে মাত এষাৰো মতা নাই ৷ কিবা সমস্যা হৈছে নেকি তোৰ?
একেথৰে নদীখনৰ সিটো পাৰৰ ঘাটটোলৈ চাই থকা প্ৰদ্যুতক সুধিলে নিবাৰণে৷ নিবাৰণলৈ এবাৰ মূৰ তুলি চাই হুমুনিয়াহ এটা কাঢ়ি পুনৰ নদীখনৰ বৈ যোৱা পানীখিনিলৈ চাই বৰ উদাস ভাৱেৰে নিবাৰণক উত্তৰ দিলে প্ৰদ্যুতে-
ঃনাই অ’ নিবাৰণ মোৰ একো সমস্যা হোৱা নাই৷ হঠাৎ কথা এটাহে মনত পৰি ভাবুক হৈ পৰিছিলোঁ ৷
ঃএনে কি কথা আছেনো তোৰ ? মনত পৰাৰ লগে লগে যে মাত বোল নোহোৱা হ’ল৷ নিজেই নদীৰ পাৰত বহি বতাহ লওঁগৈ বুলি মাতি আনিলি৷ ময়ো কাম -বন এৰি গুচি আহিলোঁ৷ এতিয়া তই মাত-বোল নকৰি অকলে অকলে ভাৱত বিভোৰ হৈ বহি আছ’ আৰু মই...৷ তয়ো যে আৰু প্ৰদ্যুত৷ অনবৰতে কি ভাৱি থাক’ ? একো ধৰিবই নোৱাৰোঁ৷ বাৰু হ’ব দে’ এতিয়া ব’ল৷ সৌৱা চা, বেলি ডুবিবৰে হ’ল৷" পশ্চিমাকাশৰ হেঙুলীয়া বেলিটোলৈ আঙুলিয়াই নিবাৰণে ক’লে প্ৰদ্যুতক৷
নিবাৰণৰ কথামতে বহাৰ পৰা উঠি প্ৰদ্যুত নিবাৰণৰ পাছে পাছে থিয় গৰাটোৰে পাৰলৈ উঠি ঘৰলৈ বুলি বাট ল’লে৷
ঃআজিৰ পৰা আৰু তই মোক আবেলি নদীৰ পাৰলৈ আহিবলৈ লগ নধৰিবি প্ৰদ্যুত৷ আহিবলৈ মন গ’লে অকলেই আহি যিমান যি ভাবিব লগা আছে ভাবি ভাবি বহি থাকিবিহি৷
নদীৰ কাষৰ পৰা ঘৰলৈ অহা হাবিতলীয়া লুংলুঙীয়া বাটটোৰ মাজ পাওঁতেই নিবাৰণ ক’লে প্ৰদ্যুতক৷
ঃতেনেকৈনো কিয় কৈছ’ নিবাৰণ৷ আজি কিবা কাৰণত তোৰ স’তে কথা নাপাতিলো বুলিয়ে আৰু তই মোৰ লগ এৰি দিবিনে! তোক মই ৰিকুৱেষ্ট কৰিছোঁ নিবাৰণ, অন্তত আৰু দুটামান দিন তই মোক লগ এৰি নিদিবি প্লিজ্...
ঃকি ক’লি প্ৰদ্যুত, তোক মই আৰু দুদিনমান লগ এৰি দিব নালাগে!! ইয়াৰ যোগেদি তই ইয়াকে বুজাব বিচৰা নাইতো যে দুদিনমানৰ পিছত তোৰ কাষলে নন্দিনী আহিব আৰু তেতিয়াতো তোৰ মোক প্ৰয়োজনেই নহ’ব৷
মিচিকিয়া হাঁহি এটি মাৰি নিবাৰণে ক’লে প্ৰদ্যুতক৷
ঃধেৎ নিবাৰণ, তই তেনেকৈ কিয় কৈছ’৷ শৈশৱ, কৈশোৰ আৰু এতিয়াও তয়ে মোৰ পৰম বন্ধু৷ এনে কোনো কথা নাই, যিটো মই তোৰ লগত শ্বেয়াৰ কৰা নাই৷ সুখে-দুখে তয়ে মোৰ লগত আছ’৷ কাৰোবাক পালে মই তোক পাহৰি যাম বা তোক লগ এৰি দিম বুলি তই কেনেকৈ ভাবিলি নিবাৰণ৷ তই নিচিন্ত হৈ থাক মৃত্যু নোহোৱালৈকে তোৰ মোৰ বন্ধুত্ব কেতিয়াও শেষ নহয়৷ মই কথা দিলো তোক৷
কাষ চাপি আহি নিবাৰণৰ কান্ধত হাত থৈ বৰ কৰুণভাৱে ক’লে প্ৰদ্যুতে৷
প্ৰদ্যুতৰ কথাবোৰ শুনি মিচিকিয়াই হাঁহিলে নিবাৰণে৷
ঃবাদ দে’ এইবোৰ প্ৰদ্যুত৷ বল এতিয়া সোনকালে ৷ খৰকৈ খোজ দে’৷ সন্ধ্যা লগাৰ আগে আগে ঘৰ সোমাবগৈ নোৱাৰিলে দেউতাই মোৰ পিঠি বহল কৰিব৷
প্ৰদ্যুত আৰু নিবাৰণ দুয়োটা খৰখোজেৰে ঘৰলৈ বুলি বাট বুলিলে৷ গাঁৱৰ নামঘৰৰ পৰা ডবা-কাঁহৰ শব্দ ভাঁহি আহি সিহঁতৰ কাণত পৰিল৷
ঘৰলৈ আহি গা-পা ধুই মাকে যতনাই দিয়া চাহ-ৰুটি খাই বিচনাতে বাগৰ দিলে নিবাৰণে৷ হঠাৎ ফনটো বাজি উঠিল নিবাৰণৰ৷ প্ৰদ্যুতৰ মাকে ফ’ন কৰিছে৷ আজি এই গধূলিখন বা প্ৰদ্যুতৰ মাকে কিয় ফ’ন কৰিলে ,সেইভাবি সি ততাতৈয়াকৈ ফ’নটো ৰিচিভ কৰিলে৷
ঃহেল্ল’
ঃনিবাৰণ ! তুমি ক’ত আছা ? সোনকালে আঁহাচোন আমাৰ ঘৰলৈ৷ প্ৰদ্যুতৰ কিবা এটা হৈছে...
ঃৰ’ব খুড়ী মই গৈ আছোঁ...
মাকক কথাষাৰ কৈ বাইকখন লৈ যিমান পাৰে সিমান বেগেৰে নিবাৰণ প্ৰদ্যুতৰ ঘৰলৈ ঢাপলি মেলিলে৷ কি হৈছে নিবাৰণৰ ? আজি আবেলিও সি নদীৰ পাৰলৈ তাক মাতি নি তাৰ লগত কথা-বতৰাও পতা নাছিল৷ তাৰ কিবা সমস্যা হৈছে নেকি বুলি সুধিলতো একো নকলে৷ হঠাৎ প্ৰদ্যুতৰ কি হ’ব পাৰে ? যাৰ বাবে প্ৰদ্যুতৰ মাকে কান্দি কান্দি তাক খৰখেদাকৈ মাতি পঠালে৷ একো ভাবি পোৱা নাই নিবাৰণে ৷ কি হৈছে বাৰু প্ৰদ্যুতৰ...
প্ৰদ্যুতৰ ঘৰ পাই বাইখন ৰখাই বিজুলী বেগেৰে নিবাৰণ প্ৰদ্যুতৰ কোঠালৈ সোমাই গ’ল৷
বিচনাত সেহাই সেহাই লেবেজান হৈ পৰি আছে প্ৰদ্যুত৷ শিতানতে বহি মাকে মূৰটো পিটিকি আছে ৷ চোফা এখনতে মূৰে-কপালে হাত দি বহি আছে প্ৰদ্যুতৰ দেউতাক৷
ঃতোৰ কি হৈছে প্ৰদ্যুত ?হঠাৎ যে মূৰ ঘূৰাই পৰি গ’লি ? গাটো বেয়া লাগি আছিল যদি মোকতো ক’ব পাৰিলিহেঁতেন ফ’ন এটা কৰি...
প্ৰদ্যুতৰ হাতদুখন নিজৰ হাত দুখনৰ মাজলৈ আনি একে উশাহে কথাবোৰ ক’লে নিবাৰণে৷
নিবাৰণক দেখি প্ৰদ্যুতে এটি শেঁতা হাঁহি মাৰি ক’লে,
ঃমোৰ একো নাই হোৱা অ’ নিবাৰণ৷ আবেলি নদীৰ বতাহ লাগিল ছাগৈ বৰকৈ৷ তাতে আকৌ ঘৰলৈ আহি অকণো নোৰোৱাকৈ গাটো ধুই দিলোঁহি৷ সেয়ে মূৰটো হঠাৎ আচন্দ্ৰাই কৰা যেন লাগিল আৰু পৰি গ’লো৷ তাতে চাচোন মাহঁতে ইমান ভয় খাইছে৷ সেয়ে ময়ে তোক মাতি দিবলৈ ক’লোঁ৷ এতিয়া পূৰা ভাল পালোঁ৷ তই আহিলি ভালেই কৰিলি৷ আজি আমাৰ ঘৰতে ভাত খাই যাবি৷ মালৈ ফ’ন এটা কৰি দে৷
প্ৰদ্যুতৰ কথাবোৰ শুনিহে নিবাৰণৰ মনটো অলপ পাতল হ’ল৷ প্ৰদ্যুতো শুৱাৰ পৰা উঠি মাকলৈ চাই ক’লে,
ঃযোৱা মা, এতিয়া আৰু মোৰ বাবে চিন্তা কৰি থাকিব নালাগে৷ দোস্ত আহি গ’ল নহয়৷ যোৱা তুমি ভাত ৰন্ধাত লাগাগৈ৷
প্ৰদ্যুতৰ কথামতেই নিবাৰণলৈ চাই মিচিকিয়া হাঁহি এটা মাৰি প্ৰদ্যুতৰ মাক -দেউতাক দুয়োজন কোঠাৰ পৰা ওলাই গ’ল৷
প্ৰদ্যুতে নিবাৰণৰ হাত এখন টানি আনি তাৰ মূৰত দিলে আৰু ক’লে,
ঃমোৰে শপত নিবাৰণ, তোক মই কথা এটা ক’ম৷ তই কিন্তু মোৰ মা-দেউতাক কেতিয়াও নকবি৷ কথাটো শুনিলে মা-দেউতা পাগল হৈ যাব৷
ঃধেৎ এইবোৰ তই কি কৈছ ?কি হৈছে তোৰ...
কথাবোৰ জানিবলৈ উদগ্ৰীৱ হৈ পৰিল নিবাৰণ৷
ঃতোক মই কথাটো বহুদিনৰ পৰাই ক’ম ক’ম বুলি ভাবি আছিলোঁ৷ কিন্তু ক’বলৈ সাহস গোটাব পৰা নাছিলোঁ৷ মোৰ দুয়োটা কিডনীয়ে বিকল হৈ গৈছে নিবাৰণ...
ঃকি...
উচপ্ খাই চিঞৰি উঠিল নিবাৰণ৷ প্ৰদ্যুত নিবাৰণৰ কাষ চাপি আহি নিবাৰণৰ মুখত হাতখন দি হুলস্থূল নকৰিবিলৈ কাকূতি মিনতি কৰিলে৷ আৰু ক’লে,
ঃনিবাৰণ,তোক মই অনুৰোধ কৰিছোঁ৷ তই যাতে এইবোৰ কথা কাকো নকৱ৷ ক’লেও এতিয়া আৰু একো লাভ নহ'ব৷ কালি ডাক্টৰে কৈছে কিডনী ট্ৰেন্সপ্লান্ট কৰিব নোৱাৰিলে মই আৰু খুউব বেছি দুমাহো জীয়াই নাথাকোঁ৷ যিটো আমাৰ বাবে কেতিয়াও সম্ভৱ নহয়৷ মৃত্যুপৰ্যন্ত যিমান পাৰোঁ মই সহ্য কৰি যাম৷ প্লিজ্ নিবাৰণ তোক মই কাবৌ কৰিছোঁ তই মোৰ মা-দেউতাক এতিয়াই একো নক’বি দে’৷
হুকহুকাই কান্দি প্ৰদ্যুতে সাবটি ধৰিলে নিবাৰণক৷ নিবাৰণেও জোৰেৰে সাবটি ধৰিলে প্ৰদ্যুতক৷
ঃতই ইমান ডাঙৰ কথা এটা আমাৰ পৰা কিয় লুকুৱাই ৰাখিছিলি প্ৰদ্যুত?? তই মোক সকলো কথাই কৱ৷ কিন্তু এইটো কথা নকলি ন৷ তই এতিয়াও চিন্তা নকৰিবি প্ৰদ্যুত ,তোক মই মৰিবলৈ দিব নোৱাৰোঁ৷ মই দিম তোক কিডনী৷ মোৰ মা-দেউতাই তোকো মোৰ দৰেই নিজৰ ল’ৰা বুলিয়ে ভাবে৷ মোৰ মা-দেউতায়ো তোক কেতিয়াও মৰিবলৈ এৰি নিদিয়ে৷ তই চিন্তা নকৰিবি প্ৰদ্যুত ,তোক আমি সকলোৱে অতি সোনকালেই বাহিৰলৈ লৈ যাম চিকিৎসা কৰাবলৈ৷ তই আকৌ আগৰ দৰে হৈ পৰিবি প্ৰদ্যুত৷
নিবাৰণে থোকাথুকি মাতেৰে কথাবোৰ কৈ জোৰেৰে সাৱটি ধৰিলে প্ৰদ্যুতক৷ প্ৰদ্যুতেও যেন জীয়াই থকা অমল উৎস এটিৰ সন্ধান পাই কুচিমুচি কৈ সোমাই পৰিল নিবাৰণৰ বুকুৰ মাজত...৷৷
পৃষ্ঠাঃ ৪৪
ৰেচিপিঃ
বাটাৰ বিস্কুট...
শ্ৰী সন্ধ্যাশিখা গগৈ।
টিয়ক, যোৰহাট।
এই বিস্কুটো বনাবলৈ একেবাৰে সহজ।
এই বিস্কুট বনাবলৈ প্ৰয়োজনীয় সামগ্ৰী সমুহ হ'ল...
১৷ বাটাৰ ১০০ গ্ৰাম।
২৷ মৈয়দা আধা কাপ।
৩৷নিমখ চাহ চামুচেৰে এক চামুচ।
৪৷চেনী এক চামুচ।
৫৷কাল জিৰা এক চামুচ।
প্ৰণালী:
প্ৰথমে বাটাৰ আৰু চেনী ভালদৰে ফেটি লব লাগে।তাৰ পিছত মৈয়দা ,নিমখ,কালজিৰা চেনীৰ মিশ্ৰণত দি অলপ সময় মঠিব লাগে। ভালদৰে মঠি লৈ বাটাৰ পেপাৰে মেৰিয়াই দহ মিনিট মান ফ্ৰিজত ৰাখিব লাগে।তাৰ পিছত সৰু সৰু কৈ বল বনাই কুকিজ ট্ৰে এখনত তেল সানি বল কেইটা সেৰেঙা কৈ দি ওভেনত ১৮০ ডিগ্ৰীত দহ মিনিট মান প্ৰি হিত কৰি ২০ মিনিট ব্ৰেক কৰিব লাগে। এনেকৈ তৈয়াৰ হয় সোৱাদেৰে ভৰা বাটাৰ বিস্কুত।
পৃষ্ঠাঃ ৪৫
নীলা খামৰ চিঠিঃ
মৰমৰ
স্পন্দন ,
প্ৰথমে মোৰ হিয়াৰ কোণত নিভৃত হৈ থকা বুকুভৰা মৰম বোৰ লʼবা । বহুদিনেই হ'ল তোমাক নেদেখা । আজি কালি ক'ত থাকা জনাবাচোন ? ফাগুনৰ ৰক্তিম আভাই উদ্ভাসিত কৰি তোলাৰ দৰে এদিন মোৰ হৃদয়ত ফুলিছিলা প্ৰেমৰ ৰজনীগন্ধা হৈ । তোমাৰ সানিধ্যত প্ৰাণ পাই উঠিছিল মোৰ সমগ্ৰ সত্বা । যি সত্বাক স্বাগতম জনাই পাৰ কৰিছো স্বপ্নবিভোৰ সময়বোৰ । মই ৰৈ আছো ফাগুনৰ আবেলিত তোমাৰ বাবে পদুলিমুখত । ফাগুনৰ আবেলি আবেলি যেতিয়া পলাশ ফুলে মোৰ তোমালৈ মনত পৰে । পদুলি মুখৰ সোণাৰু জোপালৈ চালে মোৰ অতীতলৈ মনত পৰে । তোমাৰ বাৰু মোলৈ মনত পৰেনে ?
জানানে স্পন্দন বৰ্তমান মহামাৰী কৰ'ণাৰ আতংকৰ সময়ত তোমালৈ বহুত মনত পৰিছে তুমি বাৰু সাৱধানে আছানে ? তুমি খুব ভালকৈ থাকা । তুমি মোৰ কথা কি ভাবা নাজানো ? অথবা পাহৰি পেলাইছা চাগৈ ..... । মই কিন্তু আজিও তোমাক পাহৰিব পৰা নাই ? সেয়েহে আজিও বহুত দিনৰ মূৰত কলম তুলি লৈছোঁ লিখোঁ বুলি তোমালৈ একলম।
আজিকালি জানা মোৰ ভাৱনাবোৰ কিছুমান আধৰুৱা কবিতা , হয়তো এই কবিতা অন্তহীন আৰু অপূৰ্ণ চিৰদিন । জিৰ জিৰ ফাগুনৰ মলয়া জাকৰ পৰশত চঞ্চলা হৈ পৰোঁ মই । হৃদয়ত সোমাই থকা গোপন কথাবোৰ কাকোযে ক'ব নোৱাৰো জানা । সেইবাবে তোমালৈ একলম লিখিলো ভুল হ'লে ক্ষমা কৰিবা । বুকুত জীয়া যন্ত্ৰণা লৈ ওৰে জীৱন বাট চাই ৰʼম তোমাৰ বাবেই ..... । তুমি আহিবা বুলি আশাৰে বাট চাই ৰʼলো । সুখেৰে থাকিবা বুলি আশা কৰিলো । তাৰেই কামনাৰে চিঠিখন সামৰণি মাৰিলো ।
প্ৰস্তুতি শৰ্মা
পৃষ্ঠাঃ ৪৬
মতামত শিতানঃ
(শ্ৰেষ্ঠ হিচাপে বিবেচিত মতামত)
সাধাৰণ দৃষ্টিত পুথিভঁৰাল এনে এটা অনুষ্ঠান য'ত বিভিন্ন প্ৰকাৰৰ কিতাপ সংগৃহীত হৈ থাকে l পুথিভঁৰাল সাধাৰণতে দুই প্ৰকাৰৰ lৰাজহুৱা আৰু ব্যক্তিগত l আমাৰ সমাজত ৰাজহুৱা পুথিভঁৰালৰ সমাদৰেই বেছি l এই অনুষ্ঠানত গ্ৰন্থ অধ্যয়নৰ বাবে নিদিষ্ট স্থান থাকে l পঢু়ৱৈয়ে কিতাপসমূহ নিদিষ্ট সময়ৰ বাবে ঘৰলৈ আনিও পঢ়িব পাৰে l পুথিভঁৰালৰ ধাৰণাটো নতুন নহয় l ই প্ৰাচীন কালৰে পৰা চলি আহিছে l উদাহৰণত তহ্মশীলা ,নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালসমূহৰ কথা উল্লেখ কৰিব পাৰোঁ l গ্ৰন্থ অধ্যয়নৰ স্পৃহা থকা মহান পণ্ডিতসকলৰ বাবে পুথিভঁৰালৰ ধাৰণাটো আজিও ম্লান পৰা নাই কিন্তু নৱপ্ৰজন্মই এই ধাৰা আগৰ দৰে অটুট ৰখাত কিছু হ'লেও ব্যৰ্থ হৈছে l এইহ্মেত্ৰত অভিভাৱকৰ বহু কৰণীয় আছে l কিতাপৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আগ্ৰহী কৰি তুলিবৰ বাবে গাঁৱে-চহৰে ৰাজহুৱা পুথিভঁৰাল স্থাপন কৰিব লাগে l বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহী কিতাপৰ একোটা পুথিভঁৰাল থাকিব লাগে l প্ৰতিখন ঠাইতে নামঘৰ,মন্দিৰ,মজজিদ থকাৰ দৰে পুথিভৰাঁল এটা থকাতো অতি গুৰুত্বপূৰ্ণ l এই অনুষ্ঠানবোৰৰ অবিহনে যেনেদৰে এখন সমাজ সম্ভৱ নহয় তেনেদৰে ৰাজহুৱা পুথিভৰাঁলৰ অবিহনে এখন সমাজ অসম্পূৰ্ণ -এই ধাৰণাৰ সৃষ্টি কৰিব লাগে কিয়নো পুথিভৰাঁলটোৱে এখন সচেতন বৌদ্ধিক সমাজ গঢ়ি তুলিব পাৰে l
শিহ্মাৰ প্ৰধান অংগ পুথিভৰাঁলৰ বাবে আমি এনেধৰণৰ ভূমিকা পালন কৰা উচিত l
১/শিশুক কিতাপৰ প্ৰতি আগ্ৰহী কৰি গঢ়ি তোলাৰ দায়িত্ব অভিভাৱকৰ l সৰু পৰা ঘৰখনত এটা কিতাপৰ আলমাৰি দেখি থাকিলে কিতাপৰ প্ৰতি আগ্ৰহ বাঢ়িব l
২/কিছু কিছু ঠাইত নামত পুথিভৰাঁল আছে যদিও আগ্ৰহ অাৰু সদিচ্ছাৰ অভাৱত মৃতপ্ৰায় অৱস্থাত আছে l সেইবিলাক ৰাইজে পুনৰ উজ্জীৱিত কৰিবৰ বাবে আঁচনি ল'ব লাগে l
৩/কিছুমান পুথিভৰাঁল পুৰণি গ্ৰন্থৰে চলি আছে l তাত নতুন গ্ৰন্থৰ সংযোজন কৰি নতুনত্ব আৰু বহল পৰিসৰ দিবলৈ যত্ন কৰিব লাগে l ই যাতে নৱ প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰি তুলে l
৪/গ্ৰন্থ অধ্যয়নৰ এটা নতুন ৰূপ হৈছে অডিঅ' ক্লিপ শ্ৰৱন কৰা l সেয়েহে পুথিভৰাঁলসমূহত অডিঅ' ক্লিপৰ সংযোজন ঘটাই অধিক মনোগ্ৰাহী আৰু সময়োপযোগী কৰি তুলিব লাগে l
কিতাপেই জীৱনৰ পৰম বন্ধু l এজন বন্ধুৱে জীৱনৰ বাটত বিশ্বাসঘাটকতা কৰিব পাৰে l কিন্তু কিতাপে আমাক কেতিয়াও বিশ্বাস ঘাটকতা নকৰে l অসমৰ গাঁৱে-চহৰে অনেক পুথিভৰাঁল গঢ় লৈ উঠক l যিয়ে সমাজৰ চিন্তা চেতনাক অধিক আগবঢ়াই নিবৰ বাবে গ্ৰন্থ অধ্যয়নৰ আন্দোলনৰ সূচনা কৰিব l সমাজ শুদ্ধৰূপে পৰিচালিত হ'ব l কিতাপৰ আমোল মোল গোন্ধে ব্যক্তি সমাজ আৰু দেশক সু গন্ধিত কৰি ৰাখক l এইয়া আমাৰ কাম্য l
সোনালী শইকীয়া
জিলা: যোৰহাট [টিয়ক]
দূৰভাষ: ৬০২৬০৪১০৪৩
ডাকঘৰ: আমতল[৭৮৫৬৮২]
পৃষ্ঠাঃ ৪৭
শেষ পৃষ্ঠাৰ কলমঃ
কৃষি কৰ্ম আৰু যুৱ-মানসিকতা
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
ভ্ৰাম্যঃ ৬০০০৭০৯০৯৬
এখন কৃষি প্ৰধান ৰাষ্ট্ৰৰ অঙ্গৰাজ্যৰ বাসিন্দা হিচাপে অসমৰ অধিকাংশ লোকেই কৃষি কৰ্মৰ লগত জৰিত। সকলো লোকে ব্যৱসায় ভিত্তিত কৃষি খণ্ডৰ লগত জৰিত নহ'লেও দৈনন্দিন প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ উৎপাদৰ বাবে হ'লেও আমি প্ৰায় সকলোৱে কৃষি কৰ্মৰ লগত ওতঃপ্ৰোত ভাৱে জৰিত। কৃষি বাহিৰে আমাৰ গত্যন্ত নাই। কিন্তু ইমানতো আমি কৃষি কৰ্মক হৃদয়ঙ্গম কৰি ল'ব পৰা নাই বা লোৱা নাই। সেয়ে বহু সময়ত অসমৰ লোকক শ্ৰমবিমুখ, এলেহুৱা জাতিৰ দৰে বাক্যৰে কঠোৰ সমালোচনা কৰা হয়। অৱশ্যে সাম্প্ৰতিক সময়ত অসমৰ অৰ্থনীতিলৈ লক্ষ্য কৰিলে ইয়াক অসত্য বুলিও ক'ব নোৱাৰি। কিয়নো আমি উৎসৱ পাৱন বা আন্দোলনত যিমান সময় খৰচ কৰোঁ তাৰ তিনিভাগৰ এভাগ সময়ো আমাৰ মূল কৰ্ম কৃষি খণ্ডত প্ৰয়োগ নকৰোঁ। সেয়েহে এই সমালোচনাৰ জৰিয়তে যদি আমি আত্মসমালোচনা কৰোঁ, তেন্তে হয়তু আমি উপকৃত হ'ম।
সুধাকণ্ঠই কৈ যোৱাৰ দৰে অসম ভূমি বহু গুণৰ অধিকাৰী। তাৰ ভিতৰত অন্যতম হ'ল অসমৰ ভূ-ভাগ কৃষিৰ বাবে অতি উপযোগী। বহুতো নদীৰে প্লাৱিত কৰা অসম ভূমি অতি সাৰুৱা ভূমি। ইয়াত বিশেষ নীতিৰ প্ৰয়োগৰ অবিহনেই আমি অধিক পৰিমানৰ শস্য উৎপাদন কৰিব পাৰো। সেই বাবেই হয়তু ৰসৰাজে কৈছিল "আমি অসমীয়া নহওঁ দুখীয়া"। উপযোক্ত কৃষি ভূমিৰ অধিকাৰী হিচাপে অসম ভূমি বৰ্ষা আৰু খৰালি দুই ঋতুত দুই প্ৰকাৰৰ শস্য উৎপাদন হয়। বাৰিষা ধান আৰু খৰালি ৰবি শস্য।
অসমৰ মূল খাদ্য সম্ভাৰ ভাত আৰু সেই হিচাপে অসমৰ প্ৰধান খেতি হ'ল ধান খেতি। অসমৰ বুকুত বিভিন্ন প্ৰকাৰৰ লাহি-শালি ধানৰ খেতি কৰা হয়। তাৰ ভিতৰত মচুৰী, ৰণ্জিত, বাহাদুৰ, শিয়াল শালি, বুদুমণি, আইজুং, বড়োধান, বৰাধান, মালভোগ ধান, বকুল বৰাধান (ঠাই বিশেষে ধানৰ নাম ভিন্ন হ'ব পাৰে) ইত্যাদিৰেই প্ৰধান। এই উৎপাদিত ধান সমূহৰ ব্যৱহাৰো মন কৰিবলগীয়া। ইয়াৰে কিছুমানে আমাৰ জাতীয় সত্তাৰ পৰিচয় বহন কৰাটো সহায় কৰে। উদাহৰণ স্বৰূপে বৰাধান, মালভোগ ধান আদিৰ পৰা বিহুৰ জলপান তৈয়াৰী কৰা হয়। যি আমাৰ সংস্কৃতিৰ বাহক। আকৌ খৰালি উৎপাদিত বিভিন্ন ৰবি শস্য যেনে বিলাহী, ফুলকবি,বন্ধাকবি, বিভিন্ন প্ৰকাৰৰ লাঔ, বেঙেনা, মটৰ, তৰৈ ইত্যাদিৰ উৎপাদনৰ দ্বাৰা আমি স্বাৱলম্বী হ'ব পাৰো হওক। কিন্তু ইমানতো আমি খিলঞ্জীয়া সন্তান সকলে কৃষি কৰ্মক অৱজ্ঞা কৰাটো সঁচাকৈ এটা চিন্তনীয় বিষয়।
সাম্প্ৰতিক সময়ত দেখা যায় যে অসমৰ খিলঞ্জীয়া সন্তানে ( কেৱল খিলঞ্জীয়া বুলি এই বাবে ক'লো যে বিভান্ন সময়ত অসমলৈ প্ৰৱজন ঘটা লোক সকলৰ মাজত এই অনিহা ভাৱ দেখা নেযায়) শিক্ষা গ্ৰহণ কৰি কৃষি কৰ্ম কৰিবলে লাজ কৰে বা কেৱল চাকৰিৰ পিছত দৌৰে। অৱশ্যে দৌৰাতো স্বাভাৱিক কিয়নো আজিৰ শিক্ষাৰ মূল উদ্দেশ্যই হ'ল চাকৰি। যাৰ বাবে আমি কিছু পৰিমানে শিক্ষা ব্যৱস্থাকো দোষ স্থল আছে। কিন্তু সেই বুলি কৃষি কৰ্ম কৰিবলে লাজ কৰি বা কৰিবলে ইচ্ছা নকৰাটো এটা চিন্তনীয় বিষয়। আমি যদি আমাৰ দৈনন্দিন প্ৰয়োজনীয় খাদ্য সামগ্ৰীকে উৎপাদন কৰি ল'ব নোৱাৰো তেন্তে কৰিব পাৰিম কি ?
ওপৰতে কৈ আহিছো যে বৰ্তমান অসমৰ শিক্ষিত যুৱকে কৃষি কৰ্ম কৰিবলে লাজ কৰে বা কৰিব নিবিচাৰে। কিন্তু কেৱল শিক্ষিত চামক হে এই দোষটো জাপি দিলে ভুল হ'ব। বৰ্তমান বহু অৰ্ধশিক্ষিত যুৱকেও কৃষি কৰ্মত হাত নবঢ়ায়। যি যুৱমানসিকতাৰ এটা লজ্জা জনক অধ্যায়। যাৰ পৰিপেক্ষিতত অসম ভূমি বহু জলন্ত সমস্যা দ্বাৰা আক্ৰান্ত। কিয়নো এই শ্ৰমবিমুখীতাৰ পৰা জন্ম হয় দ্ৰাৰিদ্ৰতা, উৎশৃখলতা, মানসিক চাপ, সামাজিক বিশৃংখলতা, মদাকদ্ৰব্য সেৱন, প্ৰৱজন আদিৰ দৰে জলন্ত সমস্যা। আজি অসম বাসীয়ে প্ৰৱজনৰ যি জলন্ত সমস্যাত ভুগি আছে ইয়াৰ মূল কাৰণ আমি শ্ৰমবিমুখিতা বুলিয়ে ভাৱো। কিয়নো যদি আমি কৰ্মঠ হ'লো হেতেন তেন্তে তেওঁলোকে ইয়াত উপাৰ্জনৰ পথ বিচাৰি নেপালে হেতেন। (কথাতে কয় "ভাত নেপালে কোনো কুকুৰেই ঘৰ নলয়") ফলত তেওঁলোকে অসমলে অহাৰ কথাও নেভাবিলে হেতেন। গতিকে আজি যুৱসমাজে তেওঁলোকৰ চিন্তাধাৰাৰ পৰিবৰ্তন ঘটাই কৰ্মকেই ধৰ্ম বুলি ল'লে নিবনুৱা সমস্যাৰ দৰে সমস্যা সামাধান হোৱাৰ পৰিবৰ্তে নিজৰ লগতে অসমৰো উন্নতি হ'ব তথা আজিৰ প্ৰৱজনৰ দৰে জলন্ত সমস্যা সামাধানৰো পথো সুগম হ'ব।।।
পৃষ্ঠাঃ ৪৮
বেটুপাত ৪ঃ
0 Comments