এই সংখ্যাৰ ভিতৰ চৰাতঃ
১। সম্পাদকীয় ঃ
৭৫ দিনৰ পিছত ঃঃ ৫
২। প্ৰৱন্ধ ঃ
অসমৰ পঞ্চায়ত ব্যৱস্থাৰ বিকাশ ঃঃ ৬
৩। ধাৰাবাহিক উপন্যাস
থাৰ্ড পাৰ্ছন ঃঃ ৮
৪। অণুগল্প
উপাৰ্জন ঃঃ ১০
৫। এক মিনিটৰ গল্প ঃ
সিদ্ধান্ত ঃঃ ১১
৬। অনুবাদ কবিতা ঃ
অনুবাদক প্ৰাণকৃষ্ণ গোস্বামী ঃঃ ১২
৭। কবিতা ঃঃ ১৩ পৃষ্ঠাৰ পৰা ১৮ পৃষ্ঠালৈ
৮। অনুভৱ ঃঃ ১৯ আৰু ২০ পৃষ্ঠাত
৯। গল্প ঃ
সৰাপাত ঃঃ ২২
মিচ আণ্ডাৰষ্টেণ্ডিং ঃঃ ২৫
১০। নীলাখামৰ চিঠি ঃঃ ২৭
১১। চুটি লেখা ঃঃ ২৮
১২। নিয়মীয়া শিতানঃঃ
জ্ঞানৰ সঁফুৰাঃঃ ২৯
শব্দৰ সাজোনঃঃ ৩০
ৰেচিপিঃঃ ৩১
মডেল পৃষ্ঠাঃঃ ৩২
১৩। শেষ পৃষ্ঠাৰ কলমঃঃ ৩৩
১৪। মতামতঃঃ ৩৪
১৫। ঘোষণাঃঃ ৩৫
পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
বিভাগীয় সম্পাদকঃ নিৰ্মালী মহন্ত, গোপাল কৃষ্ণ বাঢ়ৈ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ জ্যোতিতৰা দত্ত, যোৰহাট
ফটোগ্ৰাফাৰঃ কমল দে, গুৱাহাটী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসমূহঃ
দেৱজ্যোতি নাথ, দিপশিখা হাজৰিকা বৰুৱা, ৰিতু ভঁৰালী, প্ৰস্তুতি শৰ্মা, স্বপ্নমজ্যোতি কলিতা, অৰ্চনা শইকীয়া, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক।
পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ
৭৫ দিনৰ পিচত
মানৱ জাতিৰ ইতিহাসত এনে ঘটনা বিৰল ৷ চৌদিশে চৰ্চা হৈছে যে প্ৰতি ১০০ বছৰৰ অন্তৰে অন্তৰে পৃথিৱীবাসীৰ জীৱনলৈ এনে সংকট নামি আহে ৷ প্ৰায় ১৭২০ চনৰ পৰা ক্ৰমান্বয়ে ১৮২০,১৯২০ আৰু এইবাৰ ২০২০ চনত পৃথিৱীবাসীৰ জীৱনলৈ এনে গভীৰ সংকট নামি আহিল ৷ প্ৰথমে কৰ'না ভাইৰাছ, তাৰ পাছতেই বিজ্ঞানীসকলে ঠাৱৰ কৰা অনুসৰি কভিড-১৯ (corona virus disease 2019) নামৰ এই মহামাৰীবিধে এই সম্পাদকীয় লিখা পৰলৈকে সমগ্ৰ বিশ্বৰ প্ৰায় 71,93,476 লোকক আক্ৰান্ত কৰিছে আৰু 4,08,614 ৰো অধিক লোকৰ ইতিমধ্যে এই মহামাৰীত মৃত্যু হৈছে ৷
চীনৰ য়ুহান চিটিৰ পৰা সংক্ৰমণ হোৱা এই মহামাৰীৰ এতিয়ালৈকে ভেকচিন আৱিস্কাৰ হোৱা নাই ৷ যাৰ ফলত এই ৰোগৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হিচাপে সকলোৱে সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে ৷ দেশৰ সৰ্বস্তৰৰ লোকৰ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতবৰ্ষতো ইতিমধ্যে কেইবাটাও স্তৰত চলি থকা ল'কডাউনৰ ঠাই বিশেষে সামৰণি পৰিছে ৷ ইমানদিনে নিজ গৃহতে আৱদ্ধ হৈ থকা মানুহবোৰ পুনৰ বাহিৰলৈ ওলাই আহিবলৈ লৈছে ৷ প্ৰায় ৭৫ দিনৰ অন্তত তেওঁলোকৰ জীৱনলৈ স্বাভাৱিক জীৱন যাত্ৰা উভতি আহিছে ৷
এইখিনিতেই আমাৰ মনলৈ অহা এটি প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো ৷ এই ল'কডাউনে আমাক কি কৈ গ'ল?
খালী চকুৰে মনিব নোৱাৰা এটি ক্ষুদ্ৰতম ভাইৰাছে কিদৰে আমাৰ জীৱনলৈ ভয়াবহ সংকট নমাই আনিলে, আমেৰিকাৰ দৰে সৰ্বশক্তিমান দেশে য'ত ত্ৰাহি মধূসুদন দেখিলে, এনেবোৰ বিষয় পৰ্যালোচনা কৰি চালে আপোনাৰো মনত এনে এটি ভাৱৰ উদয় নহয় নে যে মানৱ জাতি আজি কিমান অসহায়!
ইয়াৰ পাছতো এচাম লোকে মিছা অহংকাৰত জীৱনৰ মূল্যৱান সময়বোৰ পাৰ কৰি দিয়ে ৷ কেৱল মোক লাগে, মই যাওঁ, মোৰ প্ৰয়োজন-ভাৱত মত্ত হৈ এচামে আজিও নিজৰ মূল্যৱান জীৱনৰ ক্ষতি কৰা নাই নে?
দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বৰ্তমান প্ৰায় এক সুস্থিৰ পৰিৱেশ উভতি আহিবলৈ লৈছে ৷ আমি আশাবাদী, সমগ্ৰ বিশ্বত গভীৰ শান্তিয়ে বিৰাজ কৰক ৷ বিগত দুই-তিনিমাহৰ অভিজ্ঞতাই মানৱ জাতিক সোঁৱৰাই দিয়ক যে কিছু এৰাধৰা, নিস্বাৰ্থ ত্যাগ, মৰম-চেনেহৰ মাজেৰেহে চিৰশান্তি প্ৰতিষ্ঠা কৰিব পাৰি ৷
হেমেন নাথ
সম্পাদক
অঙ্গন, পষেকীয়া ই-আলোচনী
পৃষ্ঠাঃ ৬
প্ৰৱন্ধঃ
অসমৰ পঞ্চায়ত ব্যৱস্থাৰ বিকাশ
সুকন্যা গাৰ্গী শইকীয়া
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, যোৰহাট
মোবাইল নং :৯১০১০৪২১৩২
স্থানীয় স্বায়ত্ত শাসনৰ উদ্দেশ্যে অসমৰ বিভিন্ন অঞ্চলসমূহক দুভাগে বিভক্ত কৰা হৈছে : গাঁও অঞ্চল আৰু নগৰাঞ্চল।গাঁও অঞ্চলত প্ৰচলিত স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাক পঞ্চায়ত প্ৰশাসন আৰু নগৰাঞ্চলত প্ৰচলিত ব্যৱস্থাক পৌৰ প্ৰশাসন নামেৰে অভিহিত কৰা হয়।
ব্ৰিটিছ ৰাজত্বৰো আগৰে পৰাই অসমত স্থানীয় স্বায়ত্ত শাসন পদ্ধতিৰ প্ৰচলন আছিল বুলি কোৱা হয়।ব্ৰিটিছৰ পূৰ্বে যিহেতু অসমত আহোমে ৰাজত্ব কৰিছিল,সেই কালছোৱাতো অসমত এক প্ৰকাৰৰ স্থানীয় স্বায়ত্ত শাসন পদ্ধতি আছিল। আহোমৰ শাসন কালত থকা "মেল" ব্যৱস্থা ইয়াৰ উদাহৰণ । এই মেল ব্যৱস্থাত আছিল, যেনে, বৰমেল, মাজুমেল, সৰুমেল, ডাঙৰীয়ামেল, বৰফুকনমেল, গাভৰুমেল, ডেকামেল, তিপমীয়ামেল, চাৰিঙীয়ামেল ইত্যাদি। এই মেলবোৰেও পঞ্চায়তৰ কাম অৰ্থাৎ স্থানীয় স্বায়ত্ত শাসনৰ কাম কৰিছিল। ড° বাণীকান্ত কাকতিদেৱৰ মতে, নামঘৰ সমূহে গাঁৱত সংসদৰ কাম কৰিছিল আৰু গাঁৱৰ সমস্যা সমাধা কৰিছিল।
' খেল ' সমূহো আছিল স্থানীয় স্বায়ত্ত শাসন পদ্ধতিৰ আন এটা অংগ।খেলসমূহ আছিল দুই প্ৰকাৰৰ ১. কিছুমান খেল গঠিত হৈছিল জীৱিকাৰ ভিত্তিক মানুহক লৈ।
২. কিছুমান খেল গঠিত হৈছিল এখন ঠাইত বাস কৰা লোকসকলক লৈ।
স্থানীয় কামৰ কাৰণে কৰ ধার্য কৰা নীতিয়েই ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ সূত্ৰপাত কৰিছিল বুলি ক'ব পাৰি।১৮৭০ চনৰ গ্ৰাম - চৌকিদাৰী আইন অনুসৰি অসমৰ তিনিখন জিলাতহে ( ছিলেট,কাছাৰ আৰু গোৱালপাৰা) পঞ্চায়তৰ ব্যৱস্থা কৰা হৈছিল।পৰৱৰ্তী সময়ত ১৯১৫ চনত অসম স্থানীয় স্বায়ত্ত শাসন আইন প্ৰৱৰ্তন কৰা হৈছিল যদিও পঞ্চায়ত পদ্ধতি কৃতকাৰ্য হোৱা নাছিল।একেদৰেই সফল হোৱা নাছিল ১৯২৬ চনৰ গ্ৰাম্য স্বায়ত্ত শাসন আইন আৰু ১৯৪৮ চনৰ অসম গাঁও পঞ্চায়ত আইনো।১৯৫৯ চনত এখন নতুন পঞ্চায়ত আইন ৰচনা কৰা হয় আৰু বৰ্তমান অসমত প্ৰচলিত হৈ থকা পঞ্চায়ত ব্যৱস্থাৰ ভেঁটি হৈছে এই আইনখন।ভাৰতীয় সংবিধানৰ ৭৩ তম সংশোধনীৰ জৰিয়তে সমগ্ৰ ভাৰততে একেধৰণৰ তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা কৰে।
পঞ্চায়ত ব্যৱস্থাই অসমৰ লগতে ভাৰতবৰ্ষত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।অসমৰ অধিকাংশ লোক এতিয়াও দৰিদ্ৰ আৰু অশিক্ষিত।গণতন্ত্ৰৰ সফলতা জন অংশগ্ৰহণৰ যোগেদিহে যিহেতু সম্ভৱ,গতিকে পঞ্চায়তে শাসন ব্যৱস্থাত জন অংশগ্ৰহণৰ প্ৰয়োজনীয়তা সম্পৰ্কে গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰি আহিছে।লগতে গ্রাম্য জনসাধাৰণৰ জীৱন - ধাৰণাৰ মানদণ্ড উন্নত কৰাত সহায় কৰিছে।
মহাত্মা গান্ধীয়ে কৈছিল , সমগ্ৰ ভাৰতবৰ্ষৰ উন্নতি ইয়াৰ গাঁওসমূহৰ উন্নতিৰ জৰিয়তেহে সম্ভৱ।গতিকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছিল।বিভিন্ন সময়ত বিভিন্ন আঁচনি গ্ৰহণ কৰি পঞ্চায়ত সমূহে গাঁওসমূহৰ উন্নতিৰ বাবে চেষ্টা কৰি আহিছে । বহু সময়ত হৈ থকা দুৰ্নীতি দেখিলে এনে লাগে; যেন ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হোৱাৰ লগতে দুৰ্নীতিৰো বিকেন্দ্ৰীকৰণ হৈছে।এটা দিশৰ পৰা ক'ব পাৰি যে পঞ্চায়ত ব্যৱস্থাই অসমৰ গাঁওসমূহৰ উন্নতি সাধন কৰিছে । আন এক দিশৰ পৰা পৰ্যালোচনা কৰিলে দৃশ্যমান হ'ব যে এই ব্যৱস্থাত সংস্কাৰ সাধনৰো কিছু প্ৰয়োজনীয়তা আছে।
পৃষ্ঠাঃ ৮
ধাৰাবাহিক উপন্যাসঃ
Third_Person
(যোৱা সংখ্যাৰ পিছৰ পৰা)
পূজা তালুকদাৰ
নলবাৰী
হয়তো অনুৰাগৰ প্ৰেমৰ কথা কোৱাৰ এইয়াই পাৰফেক্ট সময় আহি পৰিছিল।
"পৰিণীতাক মোৰ ভাল লাগে মায়া। অ' মই তাইৰ লগত আজিলৈ কথা পতা নাই, তাইৰ জীৱনৰ আগ পিছ একো নাজানো মই, তাইৰ নামটোহে জানো আনকি মই তইৰ উপাধিটোও নাজানো। মাত্ৰ তাইৰ প্ৰতি মই যিটো ফিল কৰোঁ সেইটো আন কাৰো প্ৰতি নকৰোঁ......"
"মোৰ প্ৰতিও নকৰ??"
অনুৰাগৰ কথা শেষ নহওঁতেই কৈ উঠিল মায়াই।
বৰষুণৰ শব্দভেদি যোৱাকৈ উচ্চস্বৰে হাঁহি উঠিল অনুৰাগে।
"তোৰ প্ৰতি কোনে কি ফিল কৰে ৰে, তই জানই তোক মই কিমান কামোৰ পাওঁ, তোৰ প্ৰতি মোৰ মষ্ট ব'ৰিং ফিল আহে বুজিছ? হা হা হা হা"
অনুৰাগৰ কথাখিনি শুনি ক'ব নোৱাৰাকৈয়ে মায়াৰ খং উঠিছিল। মায়াই কান্দিছিল। অনুৰাগৰ কাষৰ পৰা দৌৰি আহিছিল। ইফালে বৰষুণজাক বেছি হৈ আহিছিল। কথাবোৰ ইমান সোনকালে হৈ গ'ল যে অনুৰাগে একো বুজিবই নোৱাৰিলে। মায়াতো ধেমালী বুজি নোপোৱা ছোৱালী নহয়। সি দুষাৰ কথা শুনালে তাই তাক চাৰিষাৰ কথা শুনাই। তেনেহ'লে আজি কিয় তাই কান্দিলে? কথাবোৰ ভাবি থাকোতে মায়া ইতিমধ্যে বহুদূৰ পাইছিলগৈ। বৰষুণকো নেওচি অনুৰাগে বাইক ষ্টাৰ্ট দিলে,
" ঐ বাইকত উঠ।"
" তই য'ত যাব আহিছ তালৈ গৈ থাক"
এখোজো নোৰোৱাকৈ মায়াই ক'লে।
অনুৰাগে পিছফালৰ পৰা মায়াৰ হাতত ধৰি তাইক ৰখালে,
"অসভ্যালি নকৰিবি অনুৰাগ।"
পিছদিনা...
অনুৰাগে বাৰে বাৰে মায়ালৈ ফোন কৰি আছে। তাই ৰিচিভ কৰা নাই। সি একো বুজিবই পৰা নাছিল কথাবোৰ। হঠাতে কি হ'ল তাইৰ! ভাবিলে কলেজত গৈ ভালকৈ আলোচনা কৰিব। কিন্তু কলেজলৈ গৈ দেখে মায়া কলেজলৈও অহা নাই। আকৌ এবাৰ ফোন কৰি চাওঁ বুলি সি ফোনটো হাতত লৈছিলহে মাথো,
"অনুৰাগ!! হেল্প এটা লাগিছিল।"
এটা মিহি মাত তাৰ পিছফালৰ পৰা ভাহি আহিল।
অলপ লাজ, চকুত চকু থৈ কোৱাৰ সাহস ঢুকি পোৱা নাই ছোৱালীজনীয়ে। চকুদুটা ঢাকি পেলোৱা তাইৰ অশান্ত চুলিকোছাই যেন তাইক আজি সহায় কৰিছে, অনুৰাগৰ চকুত চকু নপৰাকৈ থকাত। মুখত হাঁহি নাই। লাজ, শংকাৰে ৰঙা পৰি গৈছে। তাইৰ অৱস্থাটো দেখি অনুৰাগৰ হাঁহি উঠিল, অলপ বেয়াও লাগিল। আজি দুবছৰে তাই অনুৰাগৰ লগত একেলগে পঢ়িছে, অনুৰাগৰ বেষ্ট ফ্ৰেইণ্ড মায়া তাইৰ বেঞ্চ পাৰ্টণাৰ। তথাপি আজিলৈ অনুৰাগক তাই মাতি পোৱা নাছিল। প্ৰয়োজন হোৱা নাছিল বাবে অনুৰাগেও অৱশ্যে তাইক মতা নাছিল। তাই লাজকুৰীয়া বুলি জানিছিল।
তাইক সহজ কৰিবলৈ অনুৰাগে কৈছিল,
" হেই, ইমান নাৰ্ভাছ কিয় হৈছা ? কোৱা কি হেল্প লাগে।"
"মানে অনুৰাগ, বেয়া নোপোৱাতো তুমি?"
"আৰে কিয় বেয়া পাম আকৌ? কোৱা"
"মানে......"
"কোৱা আকৌ।"
" মায়াই মোক এঠাইলৈ মাতি পঠিয়াইছে আৰু সেইফালে এইটো লাইনৰ গাড়ীবোৰ নাযাই, ইফ ইউ ড'ণ্ট মাইণ্ড মোক তাত থৈ আহিবা নেকি? নাহিলেও বেয়া নাপাওঁ বাৰু! এণ্ড চ'ৰী হা, যদি তোমাৰ কিবা কাম আছে, দিষ্টাৰ্ব কৰা বাবে চ'ৰী।"
"হোৱাই উইল আই মাইণ্ড। আৰু এইবোৰ চ'ৰী কৈ মোক লাজ নিদিবা হা। উঠা বাইকত। ক'লৈ মাতিছে কোৱা।"
পৃষ্ঠাঃ ৯
ঠাইখিনি অনুৰাগৰ চিনাকি। L.P স্কুলখনৰ কাষৰ কৃষ্ণচূড়া জুপি। কাষৰ গছবোৰত বিভিন্ন চৰাই থাকে। অঞ্চলটোত মাত্ৰ চৰাইৰ মাত আৰু বতাহৰ শব্দহে শুনা যায়। বহু দূৰলৈ মানুহৰ বসতি নাই, কিবা এটা ভাল লগা পৰিৱেশটো।
মায়াই সময়তকৈ আগতে আহি উপস্থিত হৈছিল। পিছফালৰ পৰা গৈ অনুৰাগে তাইৰ কাষত বাইকখন ৰখালে। বাইকৰ শব্দ শুনি উচপ খাই উঠিল তাই। পিছফালে ঘূৰি চাই অনুৰাগক দেখি তাই আচৰিত হ'ল।তাতকৈ বেছি আচৰিত হ'ল যেতিয়া অনুৰাগৰ বাইকৰ পিছত পৰিণীতাক দেখা পালে। পৰিণীতাই বাইকৰ পৰা নামিয়েই মায়াৰ ওচৰলৈ গ'ল। সুধিলে,
"কলেজ কিয় ন'গলি তই? আৰু ইয়ালৈ মাতি পঠিয়ালি যে! কি কথা আছিল ক' "
এখন হাতেৰে পৰিণীতাক আঁতৰাই অনুৰাগৰ ওচৰলৈ গ'ল মায়া। অনুৰাগক সুধিলে,
"কথাবোৰ এইক ক'লি নেকি ?"
অনুৰাগে একো নকওঁতেই পৰিণীতাই ক'লে,
"কি কথা? নাই কোৱা একো"
অনুৰাগেও লাহেকৈ উত্তৰ দিলে, "কোৱা নাই"
পৰিণীতাৰ উৎকণ্ঠা বাঢ়ি গৈছিল, আলপ জোৰেৰে মায়াক সুধিলে,
"মায়া কবিনে কি কথা?"
"আমাৰ এই নিলাজ প্ৰেমিকটো তোৰ দৰে লাজুকীলতাজনীৰ প্ৰেমত বলিয়া হৈ আছে। ইয়াক উদ্ধাৰ কৰি ল' না তই।"
"মানে??"
"মানে অনুৰাগে তোক ভাল পায়।"
অনুৰাগে লাজত মূৰ তল কৰি আছিল। ইফালে কেতিয়াও শুনিবলৈ প্ৰস্তুত নথকা কথা এটা শুনি পৰিণীতাৰো লাজ, ভয়ত চকুপানী ওলোৱাৰ উপক্ৰম হৈছিল।কথাখিনি কৈয়েই অলপ দূৰলৈ আঁতৰি গৈছিল মায়া। হয়তো তাইৰ চকুপানী লুকুৱাবলৈ নহয়তো সিহঁত দুটাক অকলে অলপ সময় কথা পাতিবলৈ দিয়াৰ বাবে। বাইকখন ষ্টেণ্ড কৰি অনুৰাগ পৰিণীতাৰ ওচৰলৈ আগবাঢ়ি আহিল। ক'লে,
" আই এম চ'ৰী পৰিণীতা! বেয়া নাপাবা। কেতিয়াৰ পৰা তোমাক মোৰ ভাললগা হ'ল গমেই নাপালো। আৰু মই ভাল পালো বুলিয়েই তুমিও যে পাব লাগিব সেইটো কথাও নহয়। মোৰ তোমাক ভাল লাগে, তোমাৰ মোক ভাল নালাগিবও পাৰে। তুমি ভাবি চোৱা, সময় লোৱা। আৰু শুনা ভাল নাপালেও ফ্ৰেইণ্ডশ্বিপটো নাভাঙিবা কিন্তু।"
"তুমি জানো মায়াক ভাল নোপোৱা অনুৰাগ!!"
অনুৰাগ আচৰিত হ'ল,
"হোৱাট???"
(আগলৈ)
পৃষ্ঠাঃ ১০
অনুগল্পঃ
উপাৰ্জন
প্ৰথম মহিলা-আপুনি কি কৰে?
দ্বিতীয় মহিলা-গৃহিণী।
দ্বিতীয় মহিলা গৰাকীৰ উত্তৰত প্ৰথম গৰাকীয়ে যেন অলপ অহংকাৰ কৰি ক'লে-অ, মই আকৌ ঘৰুৱা কাম কৰিবলৈ বেয়া পাওঁ। অৱশ্যে মোৰ চাকৰিটোৰ বাবে সময়ো নাপাওঁ। দুগৰাকী কাম কৰা বাই ৰাখিছো দৰমহাৰ আধা সিহঁতকে দিওঁ। দিনটো সকলো কৰে যদিও ৰাতি আকৌ ময়েই ৰন্ধা-বঢ়া কৰিব লাগে। "
"তেনেহ'লে মোতকৈ আপোনাৰ উপাৰ্জন কম হ'বগৈ। " দ্বিতীয় গৰাকীয়ে হাঁহি মাৰি ক'লে।
হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্যঃ ৭০০২৯৬১৩৬২
পৃষ্ঠাঃ ১১
এক মিনিটৰ গল্পঃ
সিদ্ধান্ত
প্ৰেম কি তাই জনা নাছিল। বুজা নাছিল প্ৰেমৰ অনুভৱ কি। কিন্তু তাইৰ অজ্ঞাতে হৃদয়ৰ খালী কোঠাটোত কোনোবাই প্ৰবেশ কৰিছিল । তাই ভৱা নাছিল এদিন আহি কোনোবাই অধিকাৰ কৰিবহি তাইৰ হৃদয়ৰ মণিকোঠা । ভৱা নাছিল, তাই তিতিব এজাক প্ৰেমৰ বৰষুণত। কিন্তু তাই তিতিছিল। তাই হেঁপাহ পলুৱাই তিতিছিল তেওঁ সিঁচি দিয়া প্ৰেমৰ বৰষুণ জাকত।পাহৰি পেলাইছিল তাই নিজৰ অস্তিত্ব। সপোন দেখিবলৈ আৰম্ভ কৰিছিল এমুঠি জোনাক বুটলি অনাৰ। কিন্তু বিবৰ্তনশীল সময়ৰ পাকচক্ৰত সলনি হয় মন বননিৰ বতাহ। সলনি হয় মানুহ। সলনি হয় হেঁপাহ। তেওঁও সলনি হৈছিল। হেঁপাহ বোৰ পূৰ হ'ল কি নহ'ল এজাক ধুমুহাই কাঢ়ি নিছিল তাইৰ সপোনবোৰ । তাই স্বপ্নবিভোল দুচকুৰ ঘূমতি ভাঙি প্ৰতিফলিত হৈছিল বাস্তৱৰ ৰুক্ষ ছবি। নিমিষতে চাৰখাৰ হৈ গৈছিল তাইৰ সপোনবোৰ।আশাবোৰ মৰহি গৈছিল এখিলা সৰাপাতৰ দৰে। ব্যস্ততাৰ ওৰণি টানি হেৰাই যোৱা প্ৰিয়তমৰ হেৰাই গৈছিল দুচকুৰ প্ৰেমাসক্ত ভাষা।
আজি তাই এটা সিদ্ধান্ত লৈছে । তাই আৰু কেতিয়াও হেৰুৱা সুবাস বিচাৰি নাকান্দে, তাই জীয়াই থাকিব নিজৰ বাবে। তাই পাহৰি পেলাব অতীতক। তাই মোহাৰি পেলাব অতীতৰ স্মৃতিবোৰ, স্পৰ্শবোৰ।
এটা ঠগ -প্ৰবঞ্চকৰ বাবে অৰ্থহীন অপেক্ষা আৰু কেতিয়াও নকৰে তাই। উদং হয় যদি হওঁক তাইৰ হিয়াৰ এটি কোণ। তাইৰ মৰহি অহা মনটোক প্ৰফুল্লিত কৰোঁ বুলিয়ে মুক্ত এচাটি বতাহ বিচাৰি মুক্ত মনে খুলি দিলে বন্ধ খিৰিকীখন।
পিংকী শইকীয়া
জাঁজী জামুগুৰি
পৃষ্ঠাঃ ১২
অনুবাদ কবিতাঃ
মূল কবিতাটি
The Ballad of the salt water
(By Czeslaw Milosz,1911-2004)
The sea
Smiles faroff
Spume teeth
Sky lips.
'What do you sell,troubled child,
Child with naked breast?'
'Sir,I sell
Salt water of the sea'.
'What do you carry,dark child,
Mingled with your blood?'
'Sir,I carry
Salt waters of the sea'.
'These tears of brine
Where do they come from,mother?'
'Sir,I cry
Salt waters of the sea'.
'Heart,this deep bitterness,
Where does it rise from'?
'So bitter,the salt waters
of the sea'
The sea
Smiles far-off,
Spume-teeth,
Sky-lips.
অনুবাদ- প্ৰাণ কৃষ্ণ গোস্বামী
লুণীয়া পানীৰ মালিতা
(চেছল' মিল'জ,১৯১১-২০০৪)
দূৰ দিগন্তত সাগৰে হাঁহিছে
ফেনাল দাঁত আৰু
আকাশী ওঁঠৰ মাজেৰে ৷
"অ' দূৰ্ভগীয়া শিশু
তোমাৰ তেজৰ ধমনীত
তুমি কঢ়িওৱা কি"?
"মহাশয় মোৰ ধমনীত
মই কঢ়িয়াওঁ
সাগৰৰ লুণীয়া পানী"৷
"ক'ত পালা দুচকুৰ
এই লুণীয়া চকুলো,
তোমাৰ আইৰ পৰা"?
"মহাশয়,
মোৰ চকুলোত সৰে
সাগৰৰ লুণীয়া পানী"৷
"অন্তৰৰ এই তিক্ততা
ক'ৰ পৰা
উঠিছে উথলি"?
"ইমান তিক্ত
সাগৰৰ লুণীয়া পানী"৷
দূৰ দিগন্তত সাগৰে হাঁহিছে
ফেনাল দাঁত আৰু
আকাশী ওঁঠৰ মাজেৰে ৷
পৃষ্ঠাঃ ১৩
কবিতাঃ
গাত গামোচা লোৱাৰ অসুখ
……………………………………………….
আগপিনে নোলাবি, কাকিনি তামোলৰ ছাঁয়ে চুব
পিছপিনে নোলাবি, অঘৈয়া হুলে বিন্ধিব
মইনো কোনফালে ওলাম
যিপিনে বেলিও নোলায়
বৈ নাহে তৰাৰ টোপনি
কেমেষ্টিৰ ক্লাছত যিবোৰ কথা
ঘাম হৈ বুকুত সৰে
তেজ হৈ
নাভিয়েদি নিগৰে
অথবা
বেডমিণ্টন ক'ৰ্টত
নিমজ তপিনাৰ জিঞাপাখি কামুৰি
ছিঙিবলৈ
ৰৈ থকা উদণ্ড চকুবোৰ
আস মোৰ
জুহালত গৰৈ পোৰা
গাভৰু কাল
পানীত ডুবা
জোঙা বাঁহৰ গাজবোৰ
গৰুবাটৰ চিকুণ দূবৰিডৰা
কি নষ্টালজিয়া
আহাৰৰ তেজত আমৰ বাহধৰা গুটি এটা হৈ
মই কুচি-মুচি সোমাই থাকোঁ বুলি ভাবিলেও
কালে জানো বাঁকুহি তেজৰঙা নকৰাকৈ
থাকিব?
কিশোৰ মনজিৎ বৰা
পৃষ্ঠাঃ ১৪
ফুলমণিৰ কৰুণ গাঁথা
(সত্য অপ্ৰিয় কিন্তু সত্য এটি সূৰ্য্য)
এটা দিন আছিল
ৰ'দপকা আবেলি ফুলমণিয়ে চোতালত ছটিওৱা বগা ভাতৰ
ভোকত
ক'লা কাউৰীয়ে চোতাল ঢাকিছিল …
খুটিয়াইছিল টোটোলা ভৰাই
তেতিয়া ফুলমণি আছিল এপাহ ফুল
ফুলমণি আছিল গৰখীয়া বাঁহীৰ এটি সুৰ
ফুলমণি আছিল বতাহত ভাঁহি অহা এছাটি সুবাস
ফুলমণি আছিল বৰ্হমথুৰিবুলীয়া এযোৰি
মৌকুঁহ কোমল ওঁঠ
তাইৰ তিয়নি অন্তৰ্বাস ৰ'দত মেলিলে
দূপৰৰ বেলিটো মাতাল হৈ পৰিছিল
কাউৰীজাকো পিছে
নিজানে-নিৰলে ফুলি থকা কেতেকীৰ দৰে
তাইৰ নিষ্পাপ দেহবল্লৰীয়ে বুজি পোৱা নাছিল
বেলিটো আৰু
চোতালৰ কাউৰীজাকৰ
কামনালুলোপ চাৱনিৰ অভিধা …
চিনি পোৱা নাছিল জীৱনৰ খলা-বমা
ষোড়শী সময়ৰ আপোন পাহৰা সুৰ …
দাপোনত মুখ চাই নিজেই মুগ্ধ হোৱাৰ সময় সেয়া ফুলমণিৰ
মাতাল বেলিটোৱে শিকোৱোৰ আগতে
কাহানিও পঢ়া নাছিল যৌনগন্ধী আদিপাঠ
পঢ়াওঁতে পঢ়োঁতে এদিন বেলিৰ স'তে
তায়ো আওৰাইছিল সেই পাঠ
এদিন তাইৰ উশাহবোৰ ঘন আৰু চুটি হৈ আহিছিল …
তেতিয়া কাউৰীজাক আঁতৰি গৈছিল আৰু
তাইৰ শুৱণি কোঠাৰ বিচনাত বেলিটো
ট-টকৈ জ্বলিছিল
আত্মজাহ দিছিল ফুলমণিৰ কুসুম কোমল কুমাৰিত্বই
সময়ৰ আহ্বানত এদিন ফুলমণি হেৰাই গ'ল…
লগে লগে বেলিটো ডুব গৈছিল অস্তাচলৰ বুকুত
মাথোঁ নিজানে-নীৰলে বৈ আছিল
ফুলমণিৰ জৰায়ুৰে বৈ অহা নৈখন
বৈ আছে আজিও নিৰ্মল পানীৰ নৈখন
পাৰত আজিও ফুলে শত সহস্ৰ বনৰীয়া ফুল
নিৰ্মল পানীৰে নৈ খন জাৰজ , সমাজৰ বচন
কিন্তু ফুলবোৰ হৈ পৰে দেৱতাৰ অৰ্ঘ্য …
ফুলমণিৰ জীয়া ইতিহাস
দেৱৰ পূজন ব্যৱহৃত ফুল
অৰুণ শইকীয়া
নামৰূপ
পৃষ্ঠাঃ ১৫
লক ডাউন
সাত সাগৰ তেৰ নদী
পাৰ হৈ
বৰ সংগোপনে আহিল সি
মৃত্যু দূত যম দূত।
তাৰ খোজৰ শব্দত
যান্ত্ৰিকতাময় পৃথিৱীখন
যেন স্তব্ধ হৈ পৰিছে ,
সদা ব্যস্ত মানুহবোৰে
উশাহ লবলৈ শিকিছে ।
আনকি অলস দেহাটি এৰি
শুই পৰা ৰাজপথটোৱে
মৌনতাৰে সকিয়াই দিছে
স্তব্ধ জন জীৱনৰ কথা ।
বাৰে বাৰে কব বিচাৰিছে
সজাগতাৰে যুজঁ দিয়াৰ কথা
গৃহ বন্দিত্বই আইৰ
ৰুগীয়া দেহাটো
আৰোগ্য কৰাৰ কথা ।
ৰঙে ৰসে ভৰপূৰ
প্ৰকৃতিয়েও খিলখিলাই হাঁহিছে
যান্ত্ৰিক মানুহ বোৰৰ
দুভৰিত লক ডাউনৰ স্পীডবেকাৰে
ওলোমাই দিয়া সজাগতাৰ
শিকলি ডাল দেখি ।
মানুহৰ স্তব্ধতাত
চৌদিশে প্ৰাণ পাই উঠিছে
গছ লতা বিৰিখে
নিৰ্মল এজাক চেঁচা বতাহে
সুহুৰিয়াই সুহুৰিয়াই
এটা নতুন দিনৰ
সূচনা কৰিছে ।
শ্ৰী বিজু বৰঠাকুৰ
জাঁজী, জামুগুৰি ,শিৱসাগৰ।
পৃষ্ঠাঃ ১৬
কবিতা
জীৱন নৈত সিঁচৰিত শব্দবোৰ
যেতিয়াই ঠন ধৰি উঠে,
তেতিয়াই সৃষ্টি হয় কবিতা ৷
বাৰে বাৰে কবিতাৰ প্ৰেমত পৰিছোঁ,
সেউজীয়া শব্দবোৰ বৰ প্ৰিয় মোৰ ৷
হৃদয়ৰ পৰা হৃদয়লৈ
বৈ যায় শব্দবোৰ ৷
মই কবিতা লিখিছোঁ...
সেউজীয়াৰ কবিতা...
ফাগুনৰ ৰঙাবোৰৰ কবিতা ...
তলসৰা বকুলৰ সুবাসত আপোন পাহৰা হোৱা
ফাগুনৰ ৰঙাবোৰৰ মাজত বিলীন হোৱা
তই জনীকলৈও কেতিয়াবা হিয়া উজাৰি কবিতা লিখিম ৷
(কেৱল তোৰ বাবে)
কবিতা যে হৃদয়ৰ ভাষা
জীৱনৰ ৰং বুটলি বুটলি
নিৰলাত আপোন মনে নিগৰি অহা।।
নিপু ডেকা
ঘৰ:- বেজেৰা (বাইহাটা চাৰিআলি)
পৃষ্ঠাঃ ১৭
মোৰ হৃদয়ৰ দস্তাবেজত তুমি
কথাবোৰ প্ৰকাশ নকৰোঁতে,
দুচকুলৈ চাই যেতিয়া বুজি উঠিবা
মোৰ হৃদয়ৰ ভাষাবোৰ তুমি আপোন কৰি ল'বা
যেতিয়া এবাৰ দুবাহুৰে সাৱটি ভাল পাওঁ বুলি কবা
ভালপোৱাবোৰ প্ৰকাশ কৰিবলৈ যেতিয়া তোমাৰ ওঁঠযুৰি মোৰ ওঁঠত গুজি দিবা
তেতিয়াই তুমি আৰু মই মিলি আমি হ'ম
হৃদয়ৰ পৰা হৃদয়লৈ এটি বাট মুকলাই
অভিমানৰ টোপোলাটো লৈ খুলি
মৰমেৰে সাৱটি ধৰি তোমাৰ ওঁঠত গুজি দিম অকৃতিম ভালপোৱা
দুটা মন এটা হব
জাগি উঠিব অনুভূতিবোৰ,
বৈ থাকিব ভালপোৱাবোৰ ।
আমাৰ মৰমৰ এনাজৰী ডাল দৃঢ় হ'ব
মৰমবোৰ নদীৰ দৰেই প্ৰবাহিত হৈ থাকিব দুপাৰ তিয়াই
সুখ-দুখৰ সমভাগী হৈ ৰ'ম তুমি আৰু মই
তোমাৰ মৰমৰ চিয়াঁহীৰে লিখিম আধৰুৱা কবিতা
পূৰ্ণ কৰিম মোৰ জীৱন পৃষ্ঠা
তোমাৰ হাতত হাত ধৰি ।
জীৱন নদীৰ পাৰত তুমি আৰু মই হৈ ৰ'ম প্ৰেমৰ প্ৰতিমূৰ্তি,
সীমাহীন ভালপোৱাৰ মাজত জিলিকি থাকিব আমাৰ মৰমবোৰ ।।।
ৰক্তিম ৰঞ্জন গোস্বামী
গাঁও - পিংগলেশ্বৰ
ডাকঘৰ - পিংগলেশ্বৰ
থানা - বাইহাটা চাৰিআলি
পিন - ৭৮১৩৮১
ফোন নং - ৮৪৭১৯৫৯৫৯১
পৃষ্ঠাঃ ১৮
ধঁপাত
পাতখিলাত নৰকলৈ কটা আছে এটা বাট
বাটত খোজ কাঢ়িবলৈ লাগে এটি সহজ অজুহাত
বাটটোৰ বিশেষত্ব বিশ্লেষণ কৰে
পেপাৰে পত্ৰই
দেৱালে দেৱালে
মুখে মুখে
সৃষ্টি হয় বাটটো ৰোধ কৰাৰ শ্ল'গান
অন্ধকাৰে পোতগৈ থকা বাটটোলৈ বৰ সহজতে সোমাই যাৱ পাৰি
বিভিন্ন অজুহাতৰ তালিকা এখন হাতত লৈ
ভাতৰ মুহুদিত এটিপা ধঁপাত
এটি পেকেটৰ অলপমান মিশ্ৰণ
এডোখৰ তামুলৰ হেলেঙনী
অফিচৰ ক্লান্তিময় পৰিশ্ৰমৰ অৱসানৰ বাবে এসোপা ধোঁৱা
প্ৰেয়সীৰ প্ৰতাৰিত প্ৰেমিকৰ বাবে এটা চিগাৰেট
অতি সুচল বাট
নৰকৰ বাট
অন্ধাৰৰ অতল তলিৰ পৰা কিমানে উভটি আহি দেখে
এটি স্বপ্নময় নৱ সূৰুযৰ সোণালী কিৰণ ?
কিমানে নতুন প্ৰতিশ্ৰুতিৰে জীৱন গঢ়াৰ বাবে পাই অৱকাশ ?
প্ৰশ্নৰ উত্তৰ
আপুনিও জানে
ময়ো জানো
তেওঁও জানে
আমি সকলোৱে জানো ধঁপাত বিষাক্ত
মৃত্যুৰ ফান্দ
তেন্তে চগাৰ দৰে কিয় জঁপিয়াই পৰোঁ আমি ?
আসন্ন মৃত্যুৰ অগ্নিকুণ্ডত
জীৱন বৰ অনুপম
মধুৰতাৰে মধুময়
বিহ বোৰ আঁতৰাই গঢ়ি তোলা জীৱন
ভৰাই সুন্দৰতাৰে কৰি সৌন্দৰ্যময়।।।
মঞ্জিত হাজৰিকা
সহঃ সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 6000709096.
পৃষ্ঠাঃ ১৯
অনুভৱঃ
মহামাৰী কৰʼণা ভাইৰাছ
বৰ্তমান সমগ্ৰ বিশ্বতে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে কৰʼণা ভাইৰাছে । সমগ্ৰ বিশ্বৰ লগতে অসমতো বহু লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। ২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ য়ুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯-২০ চনত কৰ'ণা ভাইৰাছে মহামাৰীৰ সৃষ্টি কৰিছে। জ্বৰ, কাঁহ, উশাহ লোৱাত কষ্ট এই ৰোগৰ সাধাৰণ লক্ষণ। সাধাৰণতে এই ভাইৰাছ মানুহৰ সংস্পৰ্শত আৰু কাঁহ বা হাচি মাৰিলে ওলোৱা শ্বসন ড্ৰপলেটৰ জৰিয়তে বিয়পে । ভাইৰাছ সংস্পৰ্শৰ পৰা লক্ষণ ফুটি উঠালৈকে সাধাৰণতে দুদিনৰ পৰা চৈধ্য দিন সময় লাগে । কৰʼণা ভাইৰাছ বা covid 19 ৰ কোনো নিৰ্দিষ্ট প্ৰতিষেধক ওলোৱা নাই । সঘনাই হাত ধোঁৱা , সামাজিক দূৰত্ব ৰক্ষা কৰা , অপৰিস্কাৰ হাত মুখমণ্ডলৰ পৰা আঁতৰাই ৰখায়েই হৈছে এই ভাইৰাছৰ প্ৰতিষেধক। এই ভাইৰাছে সকলো বয়সৰ লোককেই আক্ৰমণ কৰিব পাৰে। তথাপিও ৮০ বছৰতকৈ ওপৰৰ মানুহৰ ক্ষেত্ৰত মৃত্যু হোৱাৰ সম্ভাৱনা বেছি । কৰʼণাত আক্ৰান্ত হোৱা লোকৰ যদি হৃদপিণ্ডৰ অসুখ বা ডায়েবেটিছ আদিৰ দৰে অসুখ থাকে তেন্তে মৃত্যুৰ সম্ভাৱনা আৰু বেছি । তেওঁলোকক ভালদৰে শুশ্ৰূষা কৰিব লাগে । এই ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ সঘনাই হাত ধোঁৱাটো অতিকৈ প্ৰয়োজন । বৰ্তমান চৰকাৰে যি লকডাউন ঘোষণা কৰিলে সেয়া সকলোৱে মানি চলিব লাগে। প্ৰয়োজন নহ'লে কলৈকো ওলাই যাব নালাগে। ঘৰতে থাকি নিজৰ লগতে সকলোকে সুস্থ ৰাখক ।
বিষ্ণুপ্ৰিয়া গগৈ
আমগুৰি, শিৱসাগৰ
পৃষ্ঠা ২০
অনুভৱঃ
মই প্ৰকৃতিয়ে কৈছোঁ
সেউজীয়া মোৰ উশাহ। সৃষ্টিৰ আদিৰে পৰা মই এই শ্বাস লৈয়ে জীয়াই আছোঁ। পৃথিৱীৰ বুকুৰ সুখ এই সেউজীয়া কলিজাৰ উম লাগিলে জন্ম হয়। সেয়ে মই সেউজীয়া হৈ থাকিব বিচাৰোঁ কাৰণ ময়ো পৃথিৱী অবিহনে আধৰুৱা।মোক মোৰ পূৰ্ণতা পৃথিৱীৰ মৰমে দিয়ে।
মই প্ৰকৃতি পৃথিৱীৰ, জীৱনৰ জননী। হৃদয়ৰ দুখ মচি মই শান্তি পাওঁ। এবাৰ নিৰৱতাক বুজি পোৱা , চিনিব জনা হৃদয়ে জানে প্ৰকৃতিয়ে কি বিচাৰে। প্ৰকৃতি বিহীন সেউজীয়া আৰু সেউজ বিহীন প্ৰকৃতি অসম্পূৰ্ণ। আমি দুয়ো দূয়োতেই পূৰ্ণ হওঁ। নৈখনিৰ শান্ত গতিত ,পাহাৰৰ মৌনতাত,পখীৰ ডেউকাত মই জীয়াই থাকো। জীয়াই থাকে মোৰ উশাহ। বুকুৰ সুখবোৰ মোৰ প্ৰতিটো উপাদানৰ সজীৱতাত উমলে।
এতিয়া মোৰ অনুভৱখিনি হেৰাইছে। প্ৰথমে ভাবিছিলো যে মোৰ সেউজীয়াই জীৱনক গঢ়ে তেনেহ'লে মোৰ সেউজীয়াক আঘাত কৰিব কিয় ? কোনে মোৰ মুখত আন্ধাৰ সানিব ? কোনে মোক অনিষ্ট কৰি জীৱনৰ লগত হেতালি খেলিব ? সভ্যতাৰ অগ্ৰগতিত মোৰ যে স্থিতি লৰিব, সপোনতো ভবা নাছিলোঁ।এনেকৈ এদিন মোৰ সেউজীয়াক কৃত্ৰিম ভাৱে উদ্ভাৱন কৰি জীৱনৰ বাবে মোক অপ্ৰয়োজনীয় আখ্যা দিব ,অসম্ভৱ! কিন্তু আজিৰ দাপোনত এয়া সত্য,স্বাক্ষৰ বাস্তৱৰ। মই হৈ পৰিছোঁ মাথোঁ জীৱনৰ বিলাসিতাৰ উৎকৃষ্ট মাধ্যম। মোৰ পৰা মাথোঁ সুখ লাগে বিনিময়ত মোক যন্ত্ৰণাই চেপি ধৰে। আঃ,এয়া কেনে বিষ!! জীৱনৰ বাবে অপ্ৰয়োজনত নে অধিক প্ৰয়োজনৰ ফল ? উত্তৰ মোক কোনে দিব?
মই প্ৰকৃতি। মোৰ প্ৰজনন ক্ষমতাৰে জন্ম হোৱা উচ্চ আকাংক্ষাক মৃত্যু দিবলৈ মই অসমৰ্থ। সেয়ে হয়তো মই মোৰ খিনি হেৰাই যাবলৈ দিছোঁ আৰু নো কি কৰিম!!মোৰ কোনো ধনী অভীপ্সা নাই, মোৰ সুখবোৰ সুখ হৈ থাকক তাতকৈ মোক একোৱে নালাগে।
মই ভাগৰুৱা হৈ পৰোঁ যেতিয়া ভাবো যে কিয় মোৰ সেউজীয়া হেৰাইছে ? কি কমকৈ দিছোঁ জীৱনক, যাৰ বাবে মোৰ প্ৰয়োজন শেষ বুলি জীৱনে স্বীকৃতি দিছে ? এনে কি লাগে মানৱ জীৱনক যি মোৰ বুকুত নাই ? মই সৌ তাহানিৰে পৰা লগ পোৱা জীৱনে মোক এটা কথাই কৈছিল যে মই নিৰৱ নিৰবধি, মোৰ ওচৰত হৃদয়ৰ ৰোগ নিৰ্মূল কৰাৰ মহৌষধ আছে। মই হেনো দিশহাৰা জীৱনৰ একমাত্ৰ পথ।মোৰ পৰাই জীৱনে শিকে নিৰৱতা,বিচাৰে নিসংগতাৰ আঁৰৰ সুখটো।পঢ়িবলৈ শিকে জীৱনে কি বিচাৰে। মই হাজাৰ জীৱনৰ এটি সুখৰ উৎস হোৱাৰ পাছত,এনে কিয় হৈছে!পৃথিৱীৰ ইতিহাসত মোৰ স্বভিমান হৈ জিলিকি আছে মোৰ শান্তিখিনি,সেউজীয়াৰ বৃহৎ শক্তি।অথচ আজি...
মই বিশ্বাস হেনো জীৱনৰ।মোৰ সমান আন কোনেও জীৱনৰ কথাত ইমান ভৰসা নাই কৰা,নকৰেও। মই বিশ্বাসত লৈয়ে জীৱনক যাঁচিছিলো মোৰ গোপন সুখ তথ্যবোৰ। জীৱনৰ বিষ ধুবলৈ নদীখনক নিৰৱে বোৱাই নিছোঁ,পাহাৰক মৌন কৰাই ৰাখিছোঁ ,পখীক ডেউকাৰে আকাশক চুবলৈ দিছোঁ, ৰ'দ বৰষুণক সুখক তিয়াই শুকাব শিকাইছোঁ,নিয়ৰে মুকুতা সৃষ্টি কৰাইছোঁ,কলিটিৰ পূৰ্ণতাত ফুল হৈ মৰহি যোৱালৈকে মই জীৱনক মাথোঁ কৈছোঁ যে আগবাঢ়া,স্তব্ধ নহ'বা। ,ইয়াৰ পাছতো মোৰ বিশ্বাসক হত্যা কৰি জীৱনে আজি সুখ বুটলিবলৈ সাহ কৰিছে, কেনেকৈ??
পৃষ্ঠাঃ ২১
বিশ্বাসৰ বাবেই মই প্ৰকৃতিয়ে বৰ কষ্ট পাইছোঁ।মোৰ কলিজাত কেঁচা ঘা মই নিজেই কৰিছোঁ। হয় মই নিজেই দোষী। কিন্তু মই প্ৰশ্ন কৰিব বিচাৰিছোঁ মানৱ সভ্যতাক মোৰ ভুল ক'ত ? বিশ্বাস কৰাই মোৰ দোষ ? মই তাহানিৰে পৰা বিশ্বাসত লৈয়ে সভ্যতাক ৰূপান্তৰ হোৱাত সহায় কৰিছোঁ, আদিতে ময়ে সকলো পোহ-পাল দিছিলোঁ আৰু আজিয়ো...মোৰ বিশ্বাসতেই সেইদিনা তাই (হাতীজনীয়ে) নিজৰ কলিজাৰ টুকুৰাটো অপৈণত অৱস্থাতেই হেৰুৱালে। উসঃ,কি নিদাৰুণ জীৱন ,কেনেকৈ অপৈণত এটি জীৱক নিৰ্মমভাবে হত্যা, ভুল হাতীজনীৰে, মানৱে তাইক মৰম কৰিব ,দয়া কৰিব ,তাইৰ পেটৰ পোৱালীটোক লালন পালন কৰিব, কিয় ভাবিলে তাই ? যি জীৱনে এনে কৰিব বিচাৰে , সেই জীৱনক স্বাৰ্থপৰ আনটো জীৱন ভয়ানক ভাৱে মৃত্যু দিয়ে।সেয়ে বহু মন আধাৰতেই ৰৈ যায়,বহুতে যুঁজি থাকে মোৰ বাবে, প্ৰকৃতিৰ হাঁহিটোৰ বাবে।
আজিয়ো মই কান্দিছোঁ। কিন্তু মোৰ বুকুখনৰ বিষৰ গধুৰতা কমাই নাই কিয় ? আজি মোৰ সেউজীয়া বোৰ তপত শিখাত ৰঙা হৈ উঠিল, মই উশাহ নোপাৱাত খুব চিয়ঁৰিছিলো।মোৰ বুকুৰ নিমাত জীৱনবোৰ পলকতে চাই হৈ গ'ল,বহুতে আৰ্তনাদ কৰি ছটফটাই আছিল। উসঃ মোৰ বুকুখন!!কোনে মোক এনেকৈ বাৰে বাৰে জ্বলাইছে ? মোক পুৰি দে, মই ছাই হৈ যাওঁ একেবাৰে। মই পুনৰ পুনৰ মৃত্যু হৈ কিমান থাকিম ? মোক মুক্তি কোনে দিব ? কেতিয়া দিব ? সেউজীয়া বোৰ কাঢ়ি নিনিবিচোন, মোৰ উশাহটো বন্ধ কৰি মোক কষ্ট নিদিবিচোন। মোৰ বুকু উদং কৰি বিলাসী জীৱন নিবিচাৰিবি অ'। মই মোৰ নদীখনক বৰ ভাল পাওঁ। মোৰ পাহাৰবোৰৰ সেউজীয়াখিনি মোৰ গৌৰৱ, সেইবোৰ শেষ নকৰিবি। পখীজাকক উৰিবলে দে, নীলাবোৰক ক'লা কৰি নাহাঁহিবি অলপো।বৰষুণ নোহোৱাকৈ গছবোৰৰ বুকুত আঘাত নিদিবি। মানৱ জীৱনৰ মই মহৌষধ নহ'লেও মোক দলিয়াই নিদিবি অ'। মই প্ৰকৃতি, সেউজীয়া মোৰ কলিজা। এই কলিজাৰ কেঁচা তেজ পি জীৱনত তই পগলামি নকৰিবি। এয়া ভুল হ'ব,আন্ধাৰ ভৱিষ্যতৰ আগমন ঘটিব। এবাৰ ভাবিবি চোন ,সেউজবিহীন মৰুময় পৃথিৱীৰ যন্ত্ৰণা কিমান গধুৰ হ'ব পাৰে ? সেউজীয়াই এনে এটি সুখ যি সুখ বিচাৰি মানুহ পাগল হয়। কবিতা ভাষাত-
মই সেউজী,হৃদয়ৰ সুখৰ বৃষ্টি।
মোৰ বুকুৱে দিব জানে
অনুভৱৰ প্ৰণয়।
জীৱনে য'ত গতি হেৰুৱাই
আভা হৈ তাতেই মই আন্ধাৰ মচোঁ।
মই নিৰৱে থাকো
হৃদয়ৰ উম লৈ
বুকুৰ বিষয়টো পাতল কৰি
হাঁহিটোক জীয়াই ৰাখো।
(ভালপাও আহক সেউজীয়াক)
ৰাজশ্ৰী বৰা
ব্যৱস্থাপক সম্পাদক
অঙ্গন
পৃষ্ঠাঃ ২২
গল্পঃ
সৰাপাত
আদৃতা শিৱম
সোণতলিছিগা ; শিৱসাগৰ
জধলা মানুহজন ৷ একদম জধলা ৷ জোখতকৈ ডাঙৰ চোলা এটা ৷ পেণ্টটোও কমৰৰ জোখতকৈ সামান্য ঢিলা ৷ কালৈ কেনিও নাচায় ৷ নাকৰ পোনে পোনে খোজ কঢ়া মানুহ ৷ অংক পঢ়ুৱায় ৷ নতুনকৈ যোগ দিছে চাকৰিত ৷
ক্লাছ চেভেনত অংক পঢ়ুৱাই থকা বাইদেউগৰাকীয়ে অৱসৰ লোৱা দুমাহ হ’ল ৷ সিহঁতৰ অংকৰ ক্লাছটো হয় অফ থাকে ; নহয় হেড ছাৰ নিজে আহে ৷ তেওঁ অহাৰ পিচত নিয়মীয়া হয় পাঠদান ৷ সৰল সুতৰ অংকৰ পাঠ শেষ হয় ৷ চক্ৰবৃদ্ধি সুতৰ অংকই দুদিনমান বেছিকৈ সময় লয় ৷ অংকবোৰ পৰিপাটীকৈ নকৰিলে ছাৰৰ খং উঠে ৷ কটা-কুটা কৰা বহীবোৰত ৰঙা চিনৰ বৃত্তই ঘৰ সাজে ৷
বৰ্ডলৈ মতাৰ লগে লগে সিহঁতৰ উদ্ভাষিত মুখবোৰ জয় পৰে ৷ নোৱাৰিলে কম লাজ দিয়েনে তেওঁ ! ছাৰে হাতত বেত ডাল ল’লেই সিহঁতৰ কলিজাই ঢিপ্লিং ঢাপ্লাং মাৰে ৷ বৰ্ডৰ পিচফালে কেপ্তেইনে নিজেই এচাৰিডাল লুকুৱায় ৷
: ঐ তহঁতি কৈ নিদিবি আকৌ ৷
হাতত অস্ত্ৰ উঠা মানে সিহঁতৰ হাতৰ তলুৱাবোৰ সেৰাসেৰ যে হ’ব খাটাং ৷
ওখকৈ বগা , খীন মানুহজন ৷ চকু দুটাত সাগৰ এখন ৷ শান্ত ৷ কথা কওঁতে শব্দবোৰত যেতিয়া জোৰ দিয়ে চেলাউৰিযোৰ দাং খাই যোৱাৰ লগতে নাকৰ পাহিকেইটা ফুলি উঠে ৷ মাতষাৰ বৰ স্পষ্ট ৷ ইংৰাজীৰ উচ্চাৰণ ভাল তেওঁৰ ৷ ইংৰাজী টাৰ্মবোৰ কৈ যায় ৷ এইবোৰ মনত ৰাখি যাবা পিচত দৰকাৰ হ’ব ৷ সপোনৰ উচ্চতা তেওঁৰ বহুত বেছি ৷ সিহঁতক লৈ সপোন দেখে তেওঁ ৷ ওখ সপোন ৷ তেওঁৰ সপোনটো ঢুকি পাব পৰাকৈ সিহঁতো ওখ হ’ব খোজে ৷ ওখ হোৱাৰ কচৰৎ কৰে ৷
বৰ ভালপায় সিহঁতি ছাৰক । ছাৰৰ খং কমেইহে উঠে ৷ খং উঠিলেও হাতৰ বেতডালতকৈ মুখৰ কথাৰে শুধৰাব খোজে ভুল হোৱাৰ বাটবোৰ । সিহঁতি বৰকৈ ভয় খোৱা যেন দেখিলে ধেমেলীয়া কথাৰ থুন্পাক্ এটাও মেলে ৷ ছাৰে প্ৰায়ে নাহাঁহে ৷ যেতিয়া হাঁহে জোনাক অলপ সৰে ৷ পোহৰ হৈ উঠে গোটেই শ্ৰেণীকোঠাটো ।
পৃষ্ঠাঃ ২৩
সদায় অহাৰ দৰে দীঘল দীঘল খোজ দি ছাৰ ক্লাছলৈ আহে ৷ দুৱাৰমুখত ভুমুকিয়াই থকাকেইজনীয়ে ইজনিক সিজনীয়ে গতিয়াই মেলি দৌৰা-দৌৰিকৈ আহি নিজৰ ঠাইত বহেহি ৷ আহোঁতে চিঞৰি আহে :
“ছাৰ আহিছে ৷ ছাৰ আহিছে ৷ অংকছাৰ ৷”
ছাৰৰ চকুহাল ৰঙা ৷ কিতাপখন সদায় দিয়াৰ দৰে আগবঢ়াই দিয়ে কেপ্তেইনে । হাঁহিটো মাৰি “থেংকিউ” বুলি নকয় তেওঁ ৷
আজি কি হৈছে ছাৰৰ !
: গা বেয়া !
: নহয় ! মন বেয়া ছাগে ৷
: ঘৰৰ কাৰোবাৰ গা বেয়াও হ’ব পাৰে ৷
গুণ্গুণনি উঠে ৷
: ডেকা মানুহ ৷ তেওঁৰ প্ৰেমিকাৰ লগত কাজিয়াও হ’ব পাৰে ৷
বিষ্ময়ত চখ বহা দুজনীমানে মন্তব্য কৰে ৷
কেপ্তেইন মনে মনে ৰয় ৷ এই মানুহজনে মন মাৰি থাকিলে তাইৰ মনটো বেয়া লগাৰ কাৰণটো তাই নুবুজে ৷ তেওঁক কৰবাত আগতে লগ পোৱা যেন লাগে ৷ ক’ত লগ পাইছিল মনত নপৰে ৷
তাৰ মাজতে ছাৰক সপোন দেখিছিলো বুলি কৈ ফুৰা বান্ধৱীজনীক পাচলৈ ঘূৰি জোকাবলৈ নেৰে ;
: ঐ ছাৰ আজি সপোনত আহিলে সুধিবিচোন কিয়নো মন বেয়া !
: মাৰ খাবি কিন্তু কেপ্তেইন ৷
সিহঁতৰ শ্ৰেণীত তাই নিগাজি ক্লাছ কেপ্তেইন ৷ কেপ্তেইনৰ যে নাম এটা আছিল প্ৰায়বোৰে পাহৰি যায়। একে বেঞ্চত বহাকেইজনীয়েহে তাইক সেই নামেৰে মাতে ৷ বাকীবোৰৰ কেপ্তেইন তাই ৷ অভ্যস্ত হৈ গৈছে তায়ো সেই সম্বোধনত ৷
যিমান পাৰি সহজ হৈ অংক কিতাপৰ পাত লুটিয়াই তেওঁ ৷
: কি পঢ়ুৱাইছিলো ?
পাঁচজনীমানে চিঞৰে ;
: অনুপাত-সমানুপাত ৷
অনুশীলনীটোৰ শেষৰ অংক কেইটা শেষ কৰে তেওঁ ৷ আজি কাকো বৰ্ডলৈ নামাতে ৷ চকীখনত বহি তলমূৰকৈ কিবা এটা ভাবে তেওঁ ৷ ঘপ্কে সোধে ;
: ছমহীয়া পৰীক্ষাত কিমান নম্বৰ পাবা ?
থত্মত্ খায় প্ৰথম বেঞ্চত বহা কেপ্তেইন ৷
: ছাৰ ! চেভেন্টিমান পাম ৷
চকুত থকা প্ৰশ্নবোধকটোৰ অৰ্থ বুজে তাই ৷
: বিশ নোৱাৰিলো ৷ দহ ভুল হ’ল ৷
পিচৰ কথাখিনি সৰুকৈ কয় তাই ৷
: ভুল নকৰাকৈ অংক কৰিবলৈ কেতিয়া শিকিবা হাঁ !
সামান্য কঠোৰ হয় তেওঁৰ মাত ৷
তেওঁৰ আশাবোৰ ওখ ৷ তাই জানে ৷
: পিচৰটো পৰীক্ষা ভাল কৰিম ছাৰ ৷
কেপ্তেইনৰ মাতত দৃঢ়তা ৷
তেওঁৰ চকুত প্ৰত্যয় দেখিলেও মুখত নাথাকে কোনো ৰং ৷
বাকীবোৰকো সুধি যায় তেওঁ একেটা প্ৰশ্ন ৷ নিস্তেজ উত্তৰ একোটা আহে ;
: বেয়া হ’ল ৷
: পাচ কৰিম ৷
: ফেল কৰিম ৷
শুনে তেওঁ ৷ ধীৰে ধীৰে কয় ;
: জীৱনত কিবা এটা কৰিব খুজিছা যদি নিজৰ ব্যক্তিত্ব গঠন কৰাত গুৰুত্ব দিবা ৷ এয়া পঢ়াৰ সময় ৷ ধেমালিৰ বাবে অনেক সময় পাবা ৷ ভালদৰে পঢ়া-শুনা কৰা ভাল হ’ব তোমালোকৰ ৷
টং ৷ বেল পৰে ৷
বৰ্ডখন মচি বেতডাল থয় টেবুলত ৷
: এইখন কাৰ কিতাপ আছিল লৈ যাবা ৷
যাবলৈ লয় তেওঁ ৷ সিহঁতজাক থিয় হয় ৷
সমস্বৰে চিঞৰে : থেং-কি-উ ছাৰ ৷
দুৱাৰমুখৰ পৰা উভতি চাই হাঁহি এটা উপহাৰ নিদিয়াকৈ গুছি যায় ছাৰ ৷ কেপ্তেইনৰ চকুহাল চল্চলীয়া হৈ উঠে ৷ পৰীক্ষা বেয়া কৰা বাবে ছাৰে বেয়া পাইছে সিহঁতক ৷ দুখ এটা উজাই আহে ৷ বহীবোৰ চালে হয়তো ছাৰে ৷ তাই ভবাতকৈও কম নম্বৰ পাইছে নেকি বাৰু ! কিয় যে ভুল হৈ যায় অংকবোৰ ! এইবাৰৰ পৰা নকৰে তাই ভুল ৷
পৃষ্ঠাঃ ২৪
এদিন দুদিন তিনিদিন ৷ তেওঁ নাহে ৷ বেত অনাৰ অচিলাৰে অফিচলৈ যায় কেপ্তেইন ৷ লগত ছাৰক সপোনত দেখা চঞ্চল ছোৱালীজনী ৷ তেওঁ বহা ঠাইখিনি উদং ৷ মনটো মাৰি দিয়ে কেপ্তেইনে ৷ কিয় নহা হ’ল অংকছাৰ ! ইমান খংনে তেওঁৰ ! পৰীক্ষা বেয়া কৰিলে বুলিয়েই বেয়া পাব লাগে নেকি সিহঁতক !
হেড ছাৰে অংকৰ ক্লাছ ল’বলৈ আহে ৷ সুধিব খুজি ৰৈ যায় কেপ্তেইন ৷ এদিন মৰসাহ কৰি সোধে ;
: আমাৰ অংক ছাৰ আৰু নাহে নেকি ছাৰ ?
: মই এতিয়াই ক’ব নোৱাৰিম ৷
খিৰিকিৰে বাহিৰলৈ চাই থকা মানুহজনে হুমুনিয়া এটা কাঢ়ি পুনৰ কয় ;
: তোমালোকৰ ভাগ্যৰ ওপৰত কথা ৷ হয়তো আহিবও পাৰে বা নাহিবও পাৰে ৷
তাৰমানে ! সঁচাকৈ গুচি গ’লগৈ নেকি ছাৰ ! তেওঁতো তেনেকুৱা একো কোৱা নাছিল সিহঁতক ৷ কিন্তু কিয় যাবগৈ ছাৰ ! সিহঁতৰ কিবা এটা খালি খালি লাগে ৷ তেওঁৰ কথাকে আলোচনা হয় সিহঁতৰ মাজত ৷ অফ ক্লাছত ৷ পানী খোৱা ছুটীত ৷ ঘৰলৈ উভতাৰ বাটত কথাৰ প্ৰসংগ কেৱল অংকছাৰ ৷ তেওঁৰ কথাবোৰ ৷ চকডাল ধৰাৰ পৰা বেতডালেৰে বৰ্ডত টুকুৰিয়াই টুকুৰিয়াই অংক বুজোৱাৰ ধৰণটোলৈকে কপি কৰি থোৱা মগজুবোৰ খোল খায় ৷
অংক ছাৰৰ ভাও দি থকা ছোৱালীহঁতৰ নামবোৰ কথা পাতি থকা লিষ্টত নিলিখাকৈ এৰি যায় কেপ্তেইনে ৷ ডেক্সত মূৰ পেলাই তাই গ্ৰহণ কৰি ল’ব খোজে বাস্তৱতাখিনি :
শেষৰ বেঞ্চত বহা কেইজনীৰ খিক্খিক্ হাঁহিবোৰ শুনিও চিঞৰি নুঠে তেওঁ ;
: লাষ্ট বেঞ্চ ! ষ্টেণ্ড আপ ৷ কিহৰ হাঁহি ?
নপঠায় কেপ্তেইনক ;
: যোৱা এচাৰিডাল ভাগিল যদি নতুন এডাল অফিচৰ পৰা লৈ আনা ৷
এচাৰিডাল শূন্যতে ঘূৰাই নকয় ;
: ৰোল নাম্বাৰ ৱান ৷ আহা বৰ্ডলে ৷
একো কথা নোকোৱাকৈ বহি থাকে কেপ্তেইন ৷
হেড ছাৰো চিন্তিত হয় ৷ স্কুলখনত অংক শিক্ষকৰ অভাৱ ৷ নতুনকৈ এজনে নিযুক্তি পোৱাত তেওঁৰ কিছু চিন্তা দূৰ হৈছিল ৷ তিনিমাহ হৈছিলহে ! নটিচ আহিল ৷ তেওঁলোকৰ চাকৰিবোৰ বৈধ নহয় ৷ ইলেকচন জিকাৰ খেলটোত দহহাজাৰ মানুহক নিযুক্তি পত্ৰ বিতৰণ কৰিছিল শাসকীয় দলটোৱে ৷ কিন্তু তেওঁলোক পুনৰ শাসনলৈ নাহিল ৷ শাসনলৈ অহা দলটোৱে মানি নলয় তেওঁলোকে নিযুক্তি দি যোৱা এইসকল শিক্ষকক বৈধ বুলি ৷ নিযুক্তিপত্ৰ বিতৰণৰ গোটেই প্ৰক্ৰিয়াটোক অবৈধ ঘোষণা কৰা হয় ৷ কেপ্তেইনৰ অকণমানি মগজুটোৱে ঢুকি নাপায় এইবোৰ জটিল অংক ৷ তাইৰ খং উঠে ৷ খুউব খং উঠে ৷ সিহঁতৰ অংক ছাৰক কাঢ়ি নিয়া চৰকাৰখনক তাই জনা আটাইবোৰ বেয়া শব্দৰে গালি পাৰে ৷
অনিচ্ছিত ভৱিষৎ এটাৰ বাবে বাট চায় মানুহবোৰে ৷ উচ্চতম ন্যায়ালয়ৰ দুৱাৰ টুকুৰিয়ালেই নোখোলে ৷ কমেও তিনিবছৰ লাগিব গোচৰৰ ৰায়দানৰ বাবে ৷ ধান পকে মানে টুনীৰ মৰণ ৷ বুৰঞ্জীৰ বাইদেউ আহে অংক ল’বলৈ ৷ অনুশীলনীত কৰি থোৱা অংক কেইটা বৰ্ডত কৰি বাকীবোৰ হ’মৱৰ্ক দিয়ে ৷ টিউচন থকাকেইজনীৰ বহীৰ পৰা পাতি লয় দুই এজনীয়ে ৷ বাকীবোৰে সহায়িকা মেলি কপি কৰে ৷ বাইদেৱে ৰাইট চিন দিয়ে ৷
ৰাজনীতিৰ অংকত জীৱনৰ অংক খেলিমেলি হৈ যায় ৷ অংক ছাৰৰ ঠিকনা হেৰায় ৷ উচ্চতাৰ আকাশ চুব খোজা গছ পাত এখিলা আবতৰতে সৰে ৷ কেপ্তেইনে পঢ়া টেবুলত এনেই আঁক-বাঁক কৰি থাকে ৷ তেওঁ পঢ়ুওৱা শেষ পাঠটোৰ গোটেইটো অনুশীলনীত হালধীয়া মম ৰংবোৰ ঘঁহি দিয়ে ৷ ক’লা আখৰবোৰ হালধীয়াৰ মাজতো জিলিকি থাকে ।
পৃষ্ঠাঃ ২৫
গল্পঃ
মিচ্_আণ্ডাৰষ্টেণ্ডিং
বিশ্ব বৰুৱা
যোৰহাট
৯৭০৬১৯২৬৬৮
সময়: মাজৰাতি, স্থান: অৰ্ধনিৰ্মিত ক্লাবঘৰ এটাৰ ছাদৰ ওপৰত৷ ছাদৰ ওপৰত স্বাভাৱিকতে কোনো বিজুলীবাটিৰ পোহৰৰ ব্যৱস্থা নাই৷ তথাপিও পূৰ্ণিমাৰ জোনৰ পোহৰে গোটেই ঠাইখনি পোহৰাই তুলিছে৷ কোনো কল্পনাবিলাসী কবিৰ বাবে কবিতা ৰচাৰ উপযুক্ত স্থান৷ কোনো হাই-উৰুমি নাই৷ কাৰণ প্ৰাথমিক বিদ্যালয় খনৰ বাহিৰে সেই স্থানত মানুহৰ বসতি শূন্য৷ মাত্ৰ সম্মুখৰ পথাৰখনৰ পৰা কেঁচু- কুমটি আদি বিবিধ পতঙ্গৰ মন’টনাচ সংগীতহে ভাহি আহিছে৷ যেন এখন মিনি স্বৰ্গ৷
ছাদৰ কোণ এটাত বন্ধু বহি আছে৷ মানে বহিছে নে শুবলৈ লৈছে তাক ধৰিব নোৱাৰি৷ এবাৰত এনে লাগিছে যে তেওঁ আঁঠু দুটা বুকুলৈকে কোঁচাই মহা সন্তাপত বহি আছে কিন্তু অলপ পৰৰ পিছতেই এনে লাগে যেন ছাদখনকে সুকোমল শয্যা বুলি ধৰি তাতে দীঘল দিবলৈ যো-জা কৰিছে৷ বন্ধুৰ এখন হাতত এটা জ্বলন্ত চিগাৰেট আৰু আনখন হাতত মদৰ বটল এটা৷ পানী মিহলি নকৰাকৈয়ে এঢোক-এঢোককৈ পান কৰিছে৷ লগতে প্ৰত্যেক বাৰতে মুখখন বিকটাই দিছে৷ ইতিমধ্যে তেওঁ দুটা ’হাফ’ গিলি পেটত ’ফুল’ কৰি লৈছেই৷ চিপচ্ৰ পেকেট কেইটামান, হাফৰ বটল দুটা আৰু মিনাৰেল ৱাটাৰৰ বটল এটা খালী হৈ ছাদখনৰ ইঠাইত- সিঠাইত পৰি আছে৷ মাজে মাজে মৃদু বতাহত চিপচ্ৰ পেকেট কেইটা চিকমিক কৰি ছাদখনৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ বাগৰি ফুৰিছে৷
বন্ধুক বহুতবাৰ সুধিছোঁ এইদৰে নীৰৱচ্ছিন্নভাৱে সোমৰস আৰু ধুম্ৰপাণ কৰাৰ কাৰণ কি? কিন্তু সি মোৰ প্ৰশ্নৰ কোনো উত্তৰ দিবলৈ একেবাৰে মন কৰা নাই৷ মাত্ৰ চকুকেইটা ঘোপা কৰি ছাৰ্টৰ আস্তিন কোঁচাই এটা এটাকৈ বটল আৰু চিগাৰেট খটম কৰি গৈছে৷ শেহলৈ সেয়া সি লেবেজান হৈ ছাদতে লেপেটি-সেপেটি খাই বহি পৰিছে৷ চিগাৰেট হুপি মুখেৰে বাহিৰ কৰি দিয়া বগা ধোঁৱাবোৰ মাত্ৰ এঁকাবেঁকা বৃত্তৰ ৰূপত উপৰলৈ উৰি গৈ আছে৷
“তাই মোক ঠগিলে! বৰ বেয়াকৈ ঠগিলে...(অশ্লীল শব্দ)”! তাইৰ পৰা এনেকৈ ঠগ খাম বুলি কেতিয়াও ভবা নাছিলোঁ।“– অৱশেষত বন্ধুৱে কন্দনামুৱা হৈ কথাকেইটা উচ্চাৰণ নহয় বিস্ফোৰণ কৰিলে। “তাই মানে তই কাৰ কথা কৈছ” ?- মোৰ সৰল প্ৰশ্ন। “আৰে, তই কি নজনাৰ ভাও ধৰিছ” ? প্ৰীতিৰ বাহিৰে আন কাৰ কথা ক’মনো !”- আধা খালী হোৱা বটলটো ছাদৰ মজিয়াত ঠেকেচা মাৰি বন্ধুৱে ক’লে। ঠেকেচনিৰ কোবত ভাগ্যে বটলটোৰ কোনো হানি-বিঘিনি নহ’ল যদিও তাৰ পৰা সোমৰস এঢোকমান বটলটোৰ চাৰিওফালে চিটিকি পৰিল।
পৃষ্ঠাঃ ২৬
“প্ৰীতি আৰু তোৰ মাজত আকৌ কি হ’ল ? তহঁত দুটা দেখোন আদৰ্শ প্ৰেমিক যুগলেই আছিলি ! ছচিয়েল মিডিয়াৰ কৃপাত তহঁতৰ ৰোমাঞ্চৰ বিষয়ে নজনা মানুহ হয়তো কোনোৱেই নাই”-বন্ধুৰ পিছফালে ৰৈ ছচিয়েল ডিচটেঞ্চিং মেইনটেইন কৰি কথাকেইটা ক’লোঁ। আচলতে ছচিয়েল ডিচটেঞ্চিঙৰ কথা প্ৰায়েই পাহৰি থকা হয় যদিও এই মুহূৰ্তত তাক পালন কৰিছোঁ কাৰণ ক’বতো নোৱাৰি বন্ধুৱে খঙত কোন সময়ত মদৰ বটলটোকে মোৰ গালৈ মাৰি পঠিয়াই দিয়ে! আচলতে বন্ধুৰ অঁকৰামূৰীয়া খঙটোৰ লগত তাৰ চিনাকি লোকসকল বাৰুকৈয়ে পৰিচিত৷ ষ্টাৰ্ট নোহোৱা বাবে এবাৰ নিজৰ লাখটকীয়া বাইকখন পানীভৰ্ত্তি খালত পেলাই থৈ অহা বন্ধুহে। অৱশ্যে খং উঠি নথকাৰ সময়ত তাতকৈ ভদ্ৰ ব্যক্তি পাবলৈ নাই বুলিয়ে ক’ব পাৰি। বন্ধুৱে মোৰ প্ৰশ্নটোৰ উত্তৰ নিদিলে আৰু ঠিক সেই সময়তে তাৰ চাইলেণ্ট মুডত থকা ম’বাইলটো হুউক্ হুউক্ কৈ বাজি উঠিল। ম’বাইলটো পেণ্টৰ আগ পকেটৰ পৰা বৰ কষ্টেৰে উলিয়াই কোনে ফ’ন কৰিছে চালে আৰু চায়েই ফ’নটো মোলৈ দলিয়াই দি ক’লে “হুঁ... তোৰ প্ৰশ্নৰ উত্তৰ তাইৰ পৰাই সুধি ল’”। ধোনিয়ে ড্ৰাইভ মাৰি উইকেটৰ পিচফালে কেচ আয়ত্ত কৰাৰ দৰেই মইও বেচ দক্ষতাৰেই তাৰ ছয় ইঞ্চি ডিচপ্লেৰ ডেৰশ গ্ৰাম ওজনৰ স্মাৰ্টফ’নটো ‘কেচ’ কৰিলোঁ। ম’বাইলটো চাই দেখিলোঁ বন্ধুৰ প্ৰেমিকা ‘প্ৰীতি কলিং’। ক’লটো ৰিচিভ কৰাৰ লগে লগেই ক’ত আছা, কি কৰিছা, মোৰ ফ’ন কিয় ৰিচিভ কৰা নাই আদি এশ এবুৰি প্ৰশ্ন সিটো মূৰৰ পৰা ভাঁহি আহিল। যেতিয়া তাইক ক’লো যে এইয়া তাইৰ প্ৰেমাস্পদ নহয়, প্ৰেমাস্পদৰ বন্ধুহে তেতিয়াহে তাইৰ প্ৰশ্নৰ সোঁতটো ৰৈ গ’ল। এইবাৰ মোৰ সোধ-পোছ আৰম্ভ হ’ল। আৰু তাইক ক’লোঁ যে আকণ্ঠ সুৰা পান কৰি তাইৰ প্ৰশান্ত মৰমিয়াল প্ৰেমিকজন এতিয়া এজন প্ৰমত্ত প্ৰেমিকলৈ ৰূপান্তৰিত হৈছে।
মোৰ বন্ধুৰ এনে অৱস্থা হোৱাৰ কাৰণ তাই যি বৰ্ণনা কৰিলে তাক চমুকৈ ক’লে এনে হ’ব- মোৰ বন্ধু অৰ্থাৎ আবিৰে লকডাউন হোৱাৰ বাবে বহুত দিন প্ৰীতিক লগ ধৰিবলৈ যাব পৰা নাছিল। সেইদিনা বহুত দিনৰ মূৰত লকডাউন শিথিল কৰি দিয়াত সি প্ৰীতিহঁতৰ ঘৰতে ওলালগৈ। কথা-বতৰাৰ মাজতে আনদিনাখন চোৱাৰ দৰে সি প্ৰীতিৰ ম’বাইলটো এনেয়ে চাইছিল। তেনেতে ৰবি নামৰ একাউণ্ট এটাৰ পৰা প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ দৰে গোন্ধ থকা মেচেজ কেইটামান সি দেখিবলৈ পালে। দেখিয়েই তাৰ খঙটো কৰ’নাক্ৰান্তৰ সংখ্যাৰ দৰে বাঢ়ি আহিবলৈ ধৰিলে৷ তাৰ সন্দেহৰ জুইত যেন ঘিউহে পৰিল। সি অকণো সময় বৰবাদ নকৰি একো নভবা-নিচিন্তাকৈ গালি-শপনি এগালমান দি তাইৰ লগত সম্বন্ধ ছেদ কৰিলোঁ বুলি কৈ গুচি আহিল....তাৰ পিছৰখিনি তাই নাজানে। পিছৰখিনি তাই নাজানিলেও অৱশ্যে মই জানোঁ। লকডাউনৰ মাজতে হঠাতে দুদিনৰ বাবে সুৰাৰ বিপণীসমূহ খুলি দিয়াত বন্ধুৰ এসপ্তাহৰ পিছতে হ’বলগীয়া বাৰ্থডেৰ পাৰ্টিত লাগিব বুলি এবাকচ বিলাতী সুৰা তিনিশ শতাংশ বেছি দাম দি তেতিয়াই কিনি থৈছিল। আজি তাৰে তিনিটা বটল উলিয়াই আনি সেইকেইটাৰ সদ্ব্যৱহাৰ কৰি এইয়া ৰাতি ক্লাবঘৰৰ ছাদৰ ওপৰত ’কবীৰ সিং’ হোৱাৰ বাসনাৰে চাৰাব আৰু চিগাৰেট একেলগে পান কৰি গৈছে। আবিৰৰ ওপৰত কবীৰৰ প্ৰভাৱ দেখি মই হতভম্ব।
....প্ৰীতিয়ে মোক কোৱা মতে তাইলৈ মেচেজ দিয়া সেইজন ‘ৰবি’ নাছিল ‘ৰুবী’হে আছিল, প্ৰীতিৰ মৰমৰ বান্ধৱী। ভুলতে তাইৰ নামটোৰ ‘ইউ’ৰ ঠাইত ‘অ’ বুলি ছেভ কৰি থৈছিল। আনহাতে ৰুবীয়েও তাইৰ প্ৰেমিকে ভাল পাওক বুলি নিজৰ ফটোৰ সলনি একাউণ্টত প্ৰেমিকৰ ফটো ডি.পি. হিচাপে দি থৈছিল আৰু প্ৰেমিকে তাইলৈ দিয়া ভাল লগা মেচেজবোৰ এনেয়ে প্ৰীতিলৈ পঠিয়াই আছিল। সেইবোৰ দেখি আমাৰ আবিৰৰ সকলো ৰং উৰি গ’ল। চাৰিওফালে কেৱল ক’লা ৰঙটোহে দেখিবলৈ পালে। সেই অসহনীয় ঘটনাৰ প্ৰতিক্ৰিয়াস্বৰূপে সেইয়া সি ৰঙীণ পানীয় গলাধঃকৰণ কৰি কৰি গোলাপী নিচাত ছাদৰ ধূলিৰ ওপৰতে শুই পৰিছে। প্ৰীতিয়ে মোক দঢ়াই-দঢ়াই সিঁহতৰ মাজত হোৱা ‘মিছ আণ্ডাৰষ্টেণ্ডিঙ’ টো ভাঙিবলৈ অনুৰোধ কৰিলে। মইও তাইক তাইৰ নামত শপত খাই কথা দিলোঁ। অৱশ্যে কথা দিলোঁ যদিও কথাখিনিহে বন্ধুক বুজাবলৈ নহ’ল, কাৰণ বন্ধুৱে ইতিমধ্যে মহৰ কামোৰকো আওকাণ কৰি মহা আৰামত দীঘল দিলেই। তাৰ নাকৰ ঘোঁট-ঘোঁট শব্দটোও পতংগৰ মাতবোৰৰ মাজৰে এটা হৈ সমূহীয়া সুৰৰ লগত মিলি গৈছে। তাৰ হাতৰ মুঠিৰপৰা বন্ধনমুক্ত হৈ মদৰ বটলটো চলি আহি মোৰ ভৰিতে খুন্দিয়ালেহি। তেতিয়াও তাত এঢোকমান সুৰায়ে বটলটোৰ পৰিচয় বহন কৰি আছিল। বটলটো তুলি সেইকণক একেশোহাই গিলি দিলোঁ আৰু বন্ধুক ঘৰলৈ লৈ যোৱাৰ উপায় ভাবিবলৈ ধৰিলোঁ......।
পৃষ্ঠাঃ ২৭
নীলা খামৰ চিঠিঃ
মৰমৰ আবিৰ,
বুকুৰ অনুৰাধাটোক বাধা দিব নোৱাৰি লিখিবলৈ লৈছোঁ তোমালৈ বুলি হৃদয়ৰ কথাবোৰ,আশা কৰোঁ আদৰি ল'বা। অন্যথা বঞ্চিত হৃদয়ৰ গুপুত কোণত চিৰদিনৰ বাবে দপদপকৈ জ্বলিব সঁহাৰিহীনতাৰ জুইকুৰা । তুমি বিহীনতাৰ এটি বছৰ সম্পূৰ্ণ হ'বৰ হ'ল। অভিমানবোৰে হেঁচা মাৰি ধৰি আছে জানা, তুমি যে যোৱাৰ সময়ত মোক তোমাৰ ঠিকনাটিও দি নগ'লা।মোৰ অনুভৱবোৰ তোমাৰ ঠিকনাত প্ৰেৰণ কৰিবলৈকে।
সপোনবোৰ আধৰুৱা হৈ ৰ'ল আৰু হাঁহিবোৰ নিৰস এক বোজাঁ মাথোঁ। ডায়েৰীৰ পৃষ্ঠাবোৰ ভৰি পৰিছে স্মৃতিৰ উচুপনিৰে আৰু তুমি ব্যস্ত তৰাৰ দেশত।এহ...ক'বলৈ পাহৰিছিলোৱে,আজিকালি ময়ো বৰ ব্যস্ত জানা! সেই অকণ অকণ শিশুবোৰৰ মাজত। তুমি দেখা হ'লে চাগে আনন্দতে মতলীয়া হৈ উঠিলাহেঁতেন। মোৰ মনত আছে আবিৰ,অসহায় শিশু দেখিলেই তোমাৰ হৃদয়খনে কেনেদৰে চিৎকাৰ কৰি উঠিছিল। যেনেদৰে পাৰা কণমানি বোৰৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছিলা।এতিয়া মই যেন সিহঁত বিলাকৰ মাজতেই তোমাক বিচাৰি পাওঁ। অনাশ্ৰয় শিশুবোৰক অকণমান আশ্ৰয় দিবৰ চেষ্টা কৰি 'মৰম' নামৰ এখন অনাথ আশ্ৰম সাজিছোঁ।কান্দিবলে মন যায় যদিও মই কান্দিব নোৱাৰো। ইহঁতবোৰৰ সেই ফুল যেন মুখবোৰে পলকতে সমস্ত দুখ পাহৰাই পেলাই।
কেতিয়াবা নিজৰ লগতেই কাজিয়া কঁৰো,ভাগৰি পৰো..কেতিয়াবা বুজনি দিওঁ অথবা ৰাওচি জুৰি কান্দো।আজি পুনৰ বিদ্ৰোহী হৈ পৰিছোঁ মই,বিদ্ৰোহী হৈ পৰিছে মোৰ মন। কিয় স্পষ্টবাদীতাই তোমাৰ বাবে কাল হ'ব লগা হ'ল ? ইমান সাহসী ল'ৰাটোৱে ইমান সহজতে কিয় মৃত্যুৰ ওচৰত হাৰ মানি ল'লা ? কেতিয়াবা ভাবোঁ,আচলতে তুমি সেই দানৱ কেইটাৰ আগত কেতিয়াবাই জয়ী হ'লা জানা?তোমাৰ শব্দৰ বাণে ,তোমাৰ সত্যতাৰ যুক্তিয়ে সিহঁতবোৰক কেতিয়াবাই ধাৰাশাৰী কৰিলে।নহ'লেনো ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কাপুৰুষৰ দৰে তোমাক হত্যা কৰিবলগীয়া হয়নে?তোমাৰ সেই মহান সাংবাদিকতাৰ বৃত্তিটোক আজিও বহুজনে শলাগে।চিন্তা নকৰিবা,সিহঁতে এজন আবিৰক হত্যা কৰিলে।মই আমাৰ কণমামি বোৰৰ মাজৰ পৰা তেনে বহু আবিৰক গঢ় দিম। তোমাক হত্যা কৰা সেই নৰপিশাচ কেইটাৰ শাস্তিৰ সাক্ষী হ'বলৈ জীয়াই থাকিম মই।তোমাৰ সেই দুখৰ সময়ত তোমাৰ হাতত হাত থৈ সঁহাৰি দিব নোৱাৰাৰ বাবে দুঃখিত মই 'আবিৰ'।কিন্তু...তোমালৈ অভিমান সদায়ে থাকি ৰ'ব,কিয় একো নোকোৱাকৈ আঁতৰি গ'লা?আজিওতো মই তোমাকেই ভালপাঁও...। তুমি য'তেই আছা কুশলে থাকা।তৰাবোৰৰ ফাঁকেৰে জুমি চাবা মোৰ হৃদয়ৰ ভালপোৱাখিনিক।ডাৱৰবোৰক ক'বাচোন কেতিয়াবা মোৰ অকলশৰীয়া সময়বোৰত বৰষুণৰ লগত তোমাক লৈ আনিব।বাৰিষাৰ বৰষুণ জাকৰ দৰে হুৰমূৰাই আহিছিলা তুমি মোৰ কাষলৈ,লগত আনিছিলা শৰৎ কোমল উন্মাদ চঞ্চলতা।
ইতি
তোমাৰ
'নু'
লিখিছেঃ নেইনা বৰঠাকুৰ
গোলাঘাট
(উল্লেখ্য যে এই চিঠিখনে অংকুৰণ প্ৰকাশনৰ পৰা আয়োজিত নীলা খামৰ চিঠি লিখা প্ৰতিযোগিতাত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল)
পৃষ্ঠাঃ ২৮
চুটি লেখাঃ
মেণ্ডেলা পদ্ধতিৰ এটি চিত্ৰ অংকনৰ ক্ষুদ্ৰ প্ৰয়াস
মেণ্ডেলা,সংস্কৃত ভাষাত মেণ্ডেলাৰ অৰ্থ হৈছে-বৃত্ত বা জ্যামিতিক আকৃতি ৷ এই প্ৰকাৰৰ চিত্ৰ প্ৰাচীন কালৰ বুদ্ধ আৰু হিন্দু ধৰ্মৰ প্ৰায় মঠ-মন্দিৰত দেখা পোৱা যায়। বিশেষকৈ চীন,জাপান,তিব্বত আদি ঠাইত ইয়াৰ প্ৰচলন দেখা পোৱা যায় ৷ মেণ্ডেলাৰ প্ৰত্যেকটো চিহ্ন আৰু ৰঙৰ বিপৰীতে বিশেষ বিশেষ অৰ্থ নিহিত ৷
অৰ্থাৎ,
হালধীয়া ৰঙে- সুখ আৰু আনন্দৰ
ৰঙা ৰঙে-শক্তি আৰু ধৈৰ্য্য
নীলা ৰঙে-শান্তি
সেউজীয়া ৰঙে-প্ৰকৃতি আৰু সংযোগ
বগা ৰঙে-বিশুদ্ধতা আৰু সত্যতা
ক'লা ৰঙে-গভীৰ চিন্তা সূচায় ৷
যোগাসনৰ লগত জড়িত এই মেণ্ডেলাই কোনো ব্যক্তিৰ ব্যক্তিত্বত ইচ্ছা শক্তি, মনোযোগ শক্তিত বৃদ্ধি কৰাত সহায় কৰে ৷
অভিলাষা শইকীয়া
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
চতুৰ্থ ষাণ্মাসিক
পৃষ্ঠাঃ ২৯
নিয়মীয়া শিতানঃ
জ্ঞানৰ সঁফুৰা
১)নলিনীবালা দেৱীয়ে কোনখন কাব্য-সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
২)প্ৰথম অসমীয়া ছনেট কবিতা কোনটো উল্লেখ কৰা?
৩)'প্ৰাণৰ পৰশ' কবিতা পুথিখনিৰ ৰচক হ'ল?
৪)' প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ ৷'
উক্ত কথাষাৰ কোনগৰাকী ব্যক্তিয়ে কৈছিল?
৫)সোণোৱালী দেশ কবিতাটিৰ ৰচক কোন?
৬)অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
৭) হেমচন্দ্ৰ গোস্বামীৰ' প্ৰিয়তমাৰ চিঠি'নামৰ কবিতাটোৰ প্ৰথম প্ৰকাশ ক'ত হৈছিল?
৮) ওমৰ খৈয়ামৰ ৰুবায়তৰ অসমীয়া ভাঙনিকাৰ গৰাকী হ'ল?
৯)'নাটঘৰ' কবিতাটিৰ ৰচক হ'ল?
১০)' তপোবনৰ কবি' হিচাপে কোনজন কবিক জনা যায়?
(উল্লেখিত প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি আমালৈ প্ৰেৰণ কৰক। শুদ্ধ উত্তৰ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। শুদ্ধ উত্তৰসমূহৰ লগতে আপোনাৰ নাম, ঠিকনা 91275 64124 নম্বৰলৈ হোৱাটচএপ যোগে প্ৰেৰণ কৰক। উত্তৰ প্ৰেৰণৰ অন্তিম তাৰিখ ২৫ জুন ২০২০))
যোৱা সংখ্যাৰ শুদ্ধ উত্তৰসমূহঃ
১) উঃ- 'ভক্তি ৰত্নাকৰ' |
২) উঃ- নৰনাৰায়ণ ৰজাৰ |
৩) উঃ- 'ৰামবিজয়' |
৪) উঃ- চিহ্ন-যাত্ৰা |
৫) উঃ- ডঃ বাণীকান্ত কাকতিয়ে |
৬) উঃ- লক্ষ্মীনাথ বেজবৰুৱাই |
৭) উঃ- ২৭ টা |
৮) উঃ- নাট ভটিমা, ৰাজ ভটিমা আৰু দেৱ ভটিমা |
৯) উঃ- ৩৪ টা |
১০) উঃ- নৰনাৰায়ণ ৰজাৰ |
(আমাৰ নিয়মীয়া শিতান 'জ্ঞানৰ সঁফুৰা'লৈ অসমৰ ইমূৰ-সিমূৰৰ পৰা বহুকেইজনে প্ৰশ্নোত্তৰসমূহ পঠিয়াইছিল ৷ তাৰ ভিতৰত লটাৰীযোগে সুদীপ্ত নয়ন নাথ বিজয়ী হিচাপে নিৰ্বাচিত হৈছে। অভিনন্দন সুদীপ্ত নয়ন নাথ।)
পৃষ্ঠাঃ ৩০
নিয়মীয়া শিতানঃ
শব্দৰ সাজোন
(তলত কেইটামান সঘনে ব্যৱহাৰ হৈ থকা শব্দৰ আখৰসমূহৰ স্থান সলনি কৰি দিয়া হৈছে। শব্দসমূহ শুদ্ধকৈ লিখি আমালৈ প্ৰেৰণ কৰক। আটাইকেইটা শব্দৰ শুদ্ধ ৰূপ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। 6000709096 নম্বৰৰ হোৱাটচএপত উত্তৰসমূহ প্ৰেৰণ কৰক। জমা দিয়াৰ অন্তিম তাৰিখ 25 জুন 2020।)
১/ননতুৰাচ
২/কাজ্যোগপ্ৰাতি
৩/নদ্যাবিধ
৪/তপিৰাজু
৫/ৰমদাজুম
৬/সৰ্মনকংপস্থা
৭/ৰতীয়ৰ্বসভা
৮/নাকপল্পৰি
৯/চাফিনীহি
১০/ষজ্যভৈ
..................................................
যোৱা সংখ্যাৰ শুদ্ধ উত্তৰসমূহঃ ১/একলম, ২/জনকল্যাণ, ৩/নদীবান্ধ, ৪/অট্টহাস্য, ৫/হাবাথুৰি, ৬/অতুলনীয়, ৭/থেৰাপি, ৮/অতপালি, ৯/হেঁপাহৰ, ১০/সেন্দুৰীয়া।
পৃষ্ঠাঃ ৩১
নিয়মীয়া শিতানঃ
ৰেচিপি
আম পান্না (গ্ৰীষ্মকালীন চৰ্বত )
বৰ্তমান আমৰ বতৰ ৷ বাৰীত বহুতৰে হয়তো পৰ্য্যাপ্ত পৰিমানে আম লাগিছে ৷ বজাৰতো বিভিন্ন প্ৰকাৰৰ আম ওলাইছে ৷ ফলৰ ৰজা আমৰ অবিহনে আমাৰ ফলমূলৰ তালিকাখনেই বৰ্তমান অসম্পূৰ্ণ হৈ পৰে ৷ কিন্তু এই আম ফল হিচাপে খোৱাৰ বাহিৰেও আমৰ পৰা আমি বহুধৰণৰ ৰেচিপি প্ৰস্তুত কৰিব পাৰোঁ ৷ যেনে : আচাৰ , জাম , জেলি , চৰ্বত আদি উল্লেখযোগ্য ৷ ইয়াত মই কেঁচা আমৰ এবিধ সুস্বাদু আৰু স্বাস্থ্যসন্মত চৰ্বতৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ , যাক কোৱা হয় "আম পান্না" ৷
আম পান্না প্ৰস্তুত কৰিবলৈ অতি সহজ আৰু সময়ো বেছি নেলাগে ৷ অতি কম সময়তে আমি আম পান্না তৈয়াৰ কৰিব পাৰোঁ। তলত মই আম পান্নাৰ উপকৰণ সমূহ উল্লেখ কৰিছোঁ।
উপকৰণ:
কেঁচা আম - ১ কে.জি.
চেনি - ৭০০ গ্ৰাম
নিমখ - আন্দাজ অনুসৰি
জালুকৰ গুৰি - এচামুচ
কিচ্মিচ্ - ২০ গ্ৰাম
পদিনা পাত - ৫ টা আগ
জিৰা গুড়ি - আধা চামুচ
প্ৰণালী -
প্ৰথমে আমকেইটা ভালদৰে ধুই গোটাকৈ বা কাটি লৈ প্ৰেচাৰ কুকাৰত সিজাই ল’ব ৷ ঠাণ্ডা হোৱাৰ পাছত বাকলি আৰু গুটি গুচাই মণ্ডখিনি জুচ চেকা চেকনিৰে চেকি ল’ব ৷ তাৰপাছত আমখিনিৰ লগত নিমখ,পদিনা পাত,কিচ্মিচ্ আৰু চেনি মিহলাই মিক্সিত মাৰি ল’ব ৷ জুচখিনি এটা পাত্ৰত বাকি তাতে জালুক, জিৰাগুৰি দি লৰাই দিব ৷ বেছি দিন ৰাখিবলৈ হ’লে ছডিয়াম বেঞ্জয়েট এখন চামুচৰ চাৰিভাগৰ এক অংশ দিব পাৰে ৷ নিদিলেও ফ্ৰীজত ৰাখি বহুদিনলৈকে খাব পাৰে৷ এটা পৰিস্কাৰ বটলত ভৰাই ৰাখি থ’ব ,খোৱাৰ সময়ত গিলাচত আধাভাগ মিশ্ৰণ দি আধা পানী মিহলাই ল’ব ৷ গৰমদিনত বৰফ দিও খাব পাৰে ৷ ৰ’দত আহি এগিলাচ আম পান্না খালে দেহ মন শীতল পৰিব ৷
মঞ্জুমালা শৰ্মা ভট্টাচাৰ্য্য
জাঁজী, জামুগুৰি
পৃষ্ঠাঃ ৩২
মডেল পৃষ্ঠাঃ
(মডেল পৃষ্ঠাৰ বাবে আপুনিও আমালৈ আপোনাৰ নাম, ঠিকনা লিখি ফটো প্ৰেৰণ কৰিব পাৰে। ফটোসমূহ 9678696861 নম্বৰত উপলব্ধ হোৱাটচএপলৈ প্ৰেৰণ কৰক। অহা সংখ্যাত প্ৰকাশৰ বাবে ফটো প্ৰেৰণৰ অন্তিম তাৰিখ 25 জুন 2020)
১। সীমাশ্ৰী কলিতা
২। জিণ্টি ডেকা
৩। ডিম্পামণি পাঠক
৪। ডিম্পী চৌধুৰী
পৃষ্ঠাঃ ৩৩
শেষ পৃষ্ঠাৰ কলমঃ
আত্মসন্তুষ্টি
পৰিণীতা কলিতা
সহ সম্পাদক
অঙ্গন
আত্মসন্তুষ্টি জীয়াই থকাৰ অন্যতম উপাদান । দুৰ্লভ বস্তু এটা পোৱাৰ কথা চিন্তা কৰি সুলভ বস্তু এটা হেৰুওৱাটো অতি দুখজনক…সেয়ে যি পাইছোঁ তাতেই সুখী হোৱা দৰকাৰ । ইয়ে জীৱন সুন্দৰ কৰে । জীৱন এখন সুন্দৰ ফুলনি । এই ফুলনিত এপাহি ফুল হৈ সুগন্ধি বিলোৱাটো আমাৰ সকলোৰে কৰ্তব্য৷
কাঁইট হৈ আনৰ অন্তৰত দুখ দিয়াতকৈ ফুল হৈ সুগন্ধি বিলোৱাটো অতি উত্তম কাম ৷ প্ৰাপ্তিয়েই জীৱনৰ ৰং নহয় ৷ অপ্ৰাপ্তিও জীৱনৰ ৰং৷ সেয়ে নোপোৱাটোও জীৱনৰ ৰং বুলি ভাবি নিজে পোৱাতকৈও আনক দিবলৈ শিকক ৷ জীৱনটো সুন্দৰ কৰিবলৈ ভোগতকৈও ত্যাগৰ গুৰুত্ব অধিক৷ জীৱনৰ বাটত কোনোবা নহয় কোনোবা মুহূৰ্তত নিসংগ হৈ পৰোঁ আমি, নিজতকৈও আনৰ বাবে চিন্তা কৰি অৱশেষত আনৰে হাঁহিয়তাৰ পাত্ৰও হওঁ৷ যিটো সম্বন্ধ ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাওঁ,সেইটো সম্পৰ্কও সোলকি যায়, সময়ে দিও যায়, লৈও যায়৷
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীদেৱে "অনুৰাধাৰ দেশত" উপন্যাস খনত লিখিছিল…৷ "পৃথিৱীত কোনো সম্বন্ধই চাগৈ যুগমীয়া নহয়৷ অথচ সকলো মানুহৰে জীৱনত এনেকুৱা কিছুমান সময় থাকে৷ তেতিয়া এনে লাগে যেন কাৰোবাৰ ওচৰত জীৱনভৰ নাথাকিলেই এই পৃথিৱী অৰ্থহীন হৈ পৰে ৷ পৃথিৱীত যে সকলো কাম মনে বিচৰা মতেই পোৱা যায়৷ সেয়াতো সম্ভৱ নহয় ৷ নিজকে এটা বৃত্তৰ ভিতৰত ৰাখি দিছোঁ,ভাবি লৈছোঁ,কোনোবাই বেয়া পালেও পাওক,পাহৰি গৈছে যদিও যাওক৷
জীৱনটো যাপন নহয়, উদযাপন কৰিম ৷ আত্মসন্তুষ্টি জীৱনৰ এক অন্যতম উপাদান যিহেতু৷"
মাজনিশাও এটা কবিতা লিখিব খোজোঁ মই_ যত লুকাই থাকিব জীৱনৰ প্ৰেৰণাৰ মালিতা ।
পৃষ্ঠাঃ ৩৪
মতামত শিতানঃ
আগন্তুক সংখ্যাৰ বাবে মতামত শিতানৰ প্ৰশ্ন
আনলক' - 2 ৰ নে লকডাউন -5 ৰ প্ৰয়োজনীয়তা অধিক ?
এই ক্ষেত্ৰত আপোনাৰ মতামত জনাব।
উক্ত প্ৰশ্নটোৰ উত্তৰ চমুকৈ লিখি আমালৈ প্ৰেৰণ কৰক।
উল্লেখ্য যে মতামত শিতানৰ উত্তৰ দিওঁতা শ্ৰেষ্ঠজনক পুৰস্কৃত কৰা হ'ব।
মতামত প্ৰেৰণৰ বাবে প্ৰয়োজনীয় হোৱাটচএপ নম্বৰঃ 6000709096
Email: ankuran2014@gmail.com
পৃষ্ঠাঃ ৩৫
ঘোষণাঃ
1 জুলাই 2020 সংখ্যাৰ বাবে লেখা আহ্বান
লেখা পঠিওৱাৰ নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ অপ্ৰকাশিত হোৱাটো বাঞ্চনীয়।
২) লেখকৰ সম্পূৰ্ণ নাম,ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠাব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 জুন, ২০২০।
0 Comments