অঙ্গন (দ্বিতীয় বছৰ ১ ম সংখ্যা)

বেটুপাতঃ ১





পৃষ্ঠাঃ ২
বেটুপাত ২ঃ
পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
১২ জুন ২০২১।

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

------X-----X-----X------

বিশেষ ঘোষণা

      অঙ্গনৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি অঙ্গনৰ সম্পাদনা সমিতিয়ে "অঙ্গন"ৰ এটি বিশেষ সংখ্যা প্ৰিণ্ট কৰাৰ সিদ্ধান্ত লৈছে। সেয়ে এই বিশেষ সংখ্যালৈ লেখা পঠিয়াবলে ইচ্ছা কৰা লেখক/লেখিকা সকলক একেই ঠিকনাত তেওঁলোকৰ লেখা সমূহ আগন্তুক ২০ জুনৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালো।
        লেখক/লেখিকা সকলে লেখাৰ ওপৰত অঙ্গনৰ বিশেষ সংখ্যালৈ বুলি লিখি পঠিয়াবলে নেপাহৰে যেন।

পৃষ্ঠাঃ ৩
ঘোষণা

          অঙ্গনৰ সমূহ পাঠক গোষ্ঠীলৈ সাদৰ সম্ভাষণ জনাই আমি এটি ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰিয় সাহিত্য প্ৰেমি ৰাইজ আপোনালোকৰ জ্ঞাত যে আমাৰ মুখগ্ৰন্থত  অঙ্গন ই-আলোচনী নামৰ এটা গোট আছে য'ত অলপতে আমি এটি স্বৰচিত কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। ইতিমধ্যে বিচাৰক মণ্ডলীয়ে প্ৰতিযোগিতা খনিৰ ফলাফল আমাৰ হাতত তুলি দিছে। তেওঁলোকে আমাক জনাইছে যে প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা কবিতা সমূহৰ পৰা এটি কবিতাকহে তেওঁলোকে পুৰস্কাৰ প্ৰাপক হিচাপে বিবেচনা কৰিছে। কবিতাটি হ'ল "বিষণ্ণ প্ৰহৰ" কবি ঝৰ্ণালী শৰ্মা বৰকটকী। বিজয়ী প্ৰতিযোগীলৈ আমি অঙ্গনৰ সম্পাদনা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অংশ গ্ৰহণকাৰী প্ৰতিজন প্ৰতিযোগীকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।।

----X-----X-----X------

অঙ্গন ই-আলোচনীৰ উদ্যোগত
অণুগল্প প্ৰতিযোগিতা

অণুগল্পৰ বিষয় : নাৰী নিৰ্যাতন।

আগ্ৰহী প্ৰতিযোগীয়ে এতিয়াৰে পৰা অণুগল্প সমূহ আমালৈ পঠিয়াব পাৰিব। অণুগল্প জমা দিয়াৰ অন্তিম সময় ১০/০৬/২০২১ তাৰিখৰ দিনৰ ১০ বজাৰ ভিতৰত। একেদিনাই ৰাতি ০৯ ৰ পৰা ১০ বজাৰ ভিতৰত অণুগল্প সমূহ আমাৰ ৱেবচাইটত উপলব্ধ হ'ব। প্ৰতিযোগীয়ে তেতিয়াৰে পৰা তেওঁলোকৰ অণুগল্প সমূহ বিভিন্ন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব পাৰিব। উল্লেখ্য যে আগন্তুক ২৫/০৬/২০২১ তাৰিখে দিনৰ ১০ বজালৈ প্ৰতিটো অনুগল্পৰ মুঠ পঢ়ুৱৈৰ সংখ্যা গণনা কৰা হ'ব।

প্ৰতিযোগিতাৰ নিয়মাৱলীঃ

১/অণুগল্পটো স্ব-ৰচিত হ'ব লাগিব।

২/অণুগল্পটো নিৰ্বাচিত কৰি দিয়া বিষয়ৰ সম্পৰ্কত লিখিব লাগিব।

৩/ প্ৰতিগৰাকী প্ৰতিযোগীয়ে অণুগল্পৰ ওপৰত নিজৰ নাম আৰু মোবাইল নম্বৰসহ সম্পূৰ্ণ ডাক ঠিকনা প্ৰেৰণ কৰিব লাগিব।

৪/ অণুগল্প সমূহ প্ৰতিযোগিতালৈ বুলি লিখি দিব লাগিব।

৫/অণুগল্প সমূহ সামাজিক মাধ্যম আন কোনো কাকত আলোচনীত প্ৰকাশিত হ'ব নোৱাৰিব।

৬/ অণুগল্প সমূহ ১০টা‌ শাৰীৰ ভিতৰত হ'ব লাগিব।

৭/ প্ৰতিজন প্ৰতিযোগীয়ে এটাকৈহে অণুগল্প পঠিয়াব পাৰিব।

৮/ নিজৰ অণুগল্পটি গৰিষ্ঠ সংখ্যক লেখকে পঢ়িবৰ বাবে লিংকটো প্ৰতিজন প্ৰতিযোগীয়ে শ্বেয়াৰ কৰিব পাৰিব।

১০/ অভিজ্ঞতা সম্পন্ন বিচাৰকৰ জৰিয়তে প্ৰতিটো অণুগল্পৰ শ্ৰেষ্ঠত্ব বিচাৰ কৰা হ'ব। উল্লেখ্য যে প্ৰতিযোগীৰ বাবে পঢ়ুৱৈৰ সংখ্যাৰ পৰা ৬০ শতাংশ আৰু বিচাৰকৰ পৰা ৪০ শতাংশ নম্বৰ থাকিব।

৯/ বিজয়ী তিনিজনলৈ ডাকযোগে মানপত্ৰ আৰু কিতাপৰ টোপোলা‌ প্ৰদান কৰা হ'ব।

১০/ ফলাফল সমূহ আগন্তুক ১ জুলাইত প্ৰকাশ পাব লগীয়া ‌অঙ্গনত ঘোষণা কৰা হ'ব।

১১/ অঙ্গনৰ সম্পাদনা সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব।

অণুগল্পসমূহ প্ৰেৰণৰ বাবে  WhatsApp নম্বৰঃ
৯১২৭৫৬৪১২৪

পৃষ্ঠাঃ ৪

এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
অঙ্গনৰ প্ৰথমটো জন্মদিনত

২/ প্ৰৱন্ধ:
ক/ বৈষ্ণৱ ধৰ্মত "নাৱৰ নাম" ( লীলাধৰ হাজৰিকা)
খ/ প্ৰাচীন কামৰূপৰ ভাষা-সংস্কৃতি আৰু ধৰ্ম
( প্ৰণৱ ফুকন, নতুন দিল্লী)
গ/ একাগ্রতাৰ অনন্য ️নিদৰ্শন একলব্য
(অজয় বৰুৱা দৰং )
ঘ/ আজৰি সময়বোৰ হওক প্ৰাণশক্তিৰ আধাৰ
(শ্ৰী মঞ্জুমালা শৰ্মা ভট্টাচাৰ্য্য)

৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ অভিশ্ৰুতি (চয়নিকা বৰুৱা)
খ/ এই বাটেদি ৰাধা যমুনালৈ যায় ( শিৱানী বৰা)

৪/ অণুগল্পঃ
ক/ অপেক্ষাৰ অন্তত জীৱন (অভিজিত শেনচোৱা)
খ/ পৰিবৰ্তন ( দীপাঞ্জলী তালুকদাৰ)
গ/ পেট ( অসমা তুখুঙীয়া)

৫/ এক মিনিটৰ গল্পঃ
ক/  অতলান্ত ( মায়াশ্ৰী বড়া)
খ/ আধুনিকতা ( অসীম জ্যোতি হাজৰিকা)

৬/ অনুবাদ কবিতাঃ
ক/   মই শুনিছিলো... (অনুবাদ প্ৰাণকৃষ্ণ গোস্বামী    I Heard a Fly Buzz
By Emily Dickinson)
ভালপোৱাৰ দৃষ্টিৰে চোৱা
(মূল বাংলা: মহাদেৱ সাহা
অসমীয়া অনুবাদ : কুমুদ ঘোষ)
গ/ কৃপণ (মূল বংলাঃৰ বিন্দ্ৰনাথ ঠাকুৰ  অসমীয়া অনুবাদঃ মীনাক্ষি ৰায় ডাকুৱা)

৭/ কবিতাঃ
ক/ মোহনা-১ (কিশোৰ মনজিৎ বৰা)
খ/ সূৰ্যাস্তৰ (মঞ্জিত হাজৰিকা)
গ/ হোমেন বৰগোঁহাঞি (শ্ৰী দেৱজিত শইকীয়া)
ঘ/ তুমি অবিস্মৰণীয় ( বিব্ৰত অণুপল মৰাণ)
ঙ/ সূৰ্য নামি আহে নদীৰ বুকুলৈ ( জ্যোতিমণি শইকীয়া বৰুৱা)
চ/ পৃথিৱীৰ পৰিধিৰ সিপাৰে ( মুনচুমী কলিতা নাথ)
ছ/ ৰাধা কৃষ্ণৰ ভগা জুপুৰী ( কঙ্কণ শৰ্মা)
জ/ কৃষ্ণচূড়া ( দুলু অধিকাৰী)
ঝ/ মৰি মৰি জী উঠা কাহিনীবোৰ ( ইছমাইল হক চৌধুৰী)
ঞ/ ঝংকাৰ (মিনহাজুল আবেদিন)
ট/ মেদ বাই চিনু (দীপাংকৰ জ্যোতি বৰা)
ঠ/ পথ ( শংকৰ ৰেগন)
ড/ বিড়ম্বনা ( নিৰ্মালী মহন্ত)
ঢ/ চিনাকি অচিনাকি ( তুলুমণি বৰুৱা)
ণ/ ব্যাধি ( পুলেন  ডেকা)

৮/ অনুভৱঃ   
 ক/ৰোমন্থন : মাতৃ হোৱাৰ প্রথম অনুভৱ 
   (শর্মীষ্ঠা বর্মন)
খ/ মনৰ কথাৰে...
জীৱন আৰু কিছু বেবেৰিবাং চিন্তা (আকাংক্ষা বৰা)

৯/ বিশেষ একলমঃ 
কাজিৰঙা (অংকুৰ কলিতা)

১০/ ভ্ৰমণ কাহিনীঃ  তিৰুপতি (শৰ্মীষ্ঠা বৰ্মন)

১১/ নীলা খামৰ চিঠিঃ  ৰীপা দোলাকাষৰীয়া

১২/ গল্পঃ
ক/ ঘূণে ধৰা সময় ( অংকিতা বৰুৱা)
খ/ প্ৰজাপতি সংবাদ ( ৰূপালীম মহন্ত)

১৩/ কথোপকথনঃ  ডঃ পবিত্ৰপ্ৰাণ গোস্বামীৰ সাক্ষ্যাত গ্ৰহন (সংহিতা বৰপূজাৰী)

১৪/ শিশু লেখাঃ জয়যতী কুঁৱৰী ( অদিতি খাওন্দ)

১৫/ ৰেচিপিঃ 
ক/ কুমলীয়া কঁঠালৰ আচাৰ ( মনীষা ভূঞা)

১৬/ শেষ পৃষ্ঠাৰ লেখাঃ অসমৰ শিক্ষা ব্যৱস্থাত বিত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা ( পৰিণীতা কলিতা)

১৭/ আৰ্ট গেলাৰীঃ তেজশ্বিনী বৰঠাকুৰ, নন্দিনী বৰুৱা আৰু তাকি তৈয়াবা হুচেইন।


পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  পৰিণীতা কলিতা
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, , হিৰণ্য ডেকা।


পৃষ্ঠা ৬
সম্পাদকীয়ঃ
অঙ্গনৰ প্ৰথমটো জন্মদিনত

২০২০ চনৰ মে' মাহ। সমগ্ৰ বিশ্বৰ লগতে তেতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যত ক'ভিডে সংহাৰ ৰূপ ধাৰণ কৰিছিল। ব্যতিক্ৰম নাছিল অসমো। হাজাৰ হাজাৰ ব্যক্তিৰ লগতে আমিও সেই সময়ত কৰ্মস্থলী এৰি ঘৰতেই আৱদ্ধ হৈ পৰিছিলোঁ। চৌদিশে আতংকময় পৰিৱেশ, ওচৰতে কোনোবা এজন ক'ভিডত আক্ৰান্ত লোক ওলালেই সকলোৰে প্ৰাণবায়ু ওলাই যোৱাৰ উপক্ৰম হৈছিল। তেনে সময়তে মনলৈ আহিছিল এটি নতুন চিন্তা, এটি নতুন পৰিকল্পনাৰ। সেই সময়তো আজিৰ দৰে প্ৰায় সকলো মানুহ ঘৰতেই আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু আমাৰ এই নতুন চিন্তাই সাহিত্য-চৰ্চাৰ প্ৰতি আগ্ৰহী লোকসকলক কিছু পৰিমাণে হলেও মানসিক আহাৰৰ যোগান ধৰিব পাৰিব বুলি আমি বিশ্বাস কৰিছিলোঁ। ভবা মতেই কাম, দুই চাৰিজন বন্ধু-বান্ধৱী, ভাইটি ভন্টি আৰু অভিজ্ঞতাপুষ্ট বয়োজ্যেষ্ঠৰ লগত কথাটো আলোচনা কৰিলোঁ। সকলোৱে একেমুখেই কথাটোত হয়ভৰ দিলে। আমাৰ প্ৰকাশনৰ নাম অংকুৰণ প্ৰকাশন, প্ৰকাশনৰ পৰা প্ৰতিমাহে ওলাই থকা শিশু আলোচনীখনৰ নাম অকণিৰ অংকুৰণ। গতিকে অ আখৰেৰে আমাৰ সপোনটোৰ নাম কি দিলে ভাল হয় সেই সম্পৰ্কে কেবাজনৰ পৰা মতামত বিচাৰিলোঁ। তেনেকৈয়ে এটি নাম আহিল অঙ্গন। নামটোৱে সকলোৰে হৃদয় চুই গল। অঙ্গন শব্দৰ অৰ্থ চোতাল। এই নামেৰেই ১ জুন তাৰিখে আৰম্ভ কৰিলোঁ এখন ই-আলোচনী। আলোচনীখনে আজি সম্পূৰ্ণ এটা বছৰ অতিক্ৰম কৰিলে, আজি অঙ্গনৰ প্ৰথমটো জন্মদিন।

আমাৰ এই যাত্ৰাত প্ৰথমেই আমি আমাৰ সন্মানীয় লেখক-লেখিকাসকলৰ লগতে পঢ়ুৱৈ, প্ৰতিনিধি আৰু শুভাকাংক্ষীসকলৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰৈছোঁ। আলোচনীখনৰ জন্মলগ্নৰে পৰা এতিয়ালৈকে বহু লোকে আমাক প্ৰত্যক্ষভাৱে, পৰোক্ষভাৱে আৰু কিছুমানে নেপথ্যত থাকি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আমাক আগবাঢ়ি যোৱাত সহায় কৰিছে। গতিকে এই ছেগতে তেওঁলোকলৈও আমাৰ সশ্ৰদ্ধ সেৱা আগবঢ়াইছোঁ। যিদৰে আমি সৰু হৈ থাকোঁতে সন্ধিয়া পৰত গোসাঁই ঘৰত চাকি দিয়াৰ পাছতেই ঘৰৰ আটাইবোৰ সদস্যই চোতালত একেলগে ঢাৰি পাৰি বহিছিলোঁ আৰু আইতাই আমাক সাধু কৈছিল-আমি সাধুৰ মাজত নিজকে হেৰুৱাইছিলোঁ-ককাইদেউ, বাইদেউহঁতে চিঞৰি চিঞৰি নেওঁতা মুখস্থ কৰিছিল-ডাঙৰ সকলে গুৰুত্বপূৰ্ণ কথাবোৰ আলোচনা কৰিছিল, একেদৰেই যেন অঙ্গন আলোচনীখনৰ জড়িয়তেও সকলো শ্ৰেণীৰ লেখক-লেখিকাই নিজৰ মনৰ কথাখিনি সাহিত্যৰ মাজেৰে প্ৰকাশ কৰাৰ এটা অতি সুন্দৰ সুবিধা লাভ কৰিলে আৰু পঢ়ুৱৈ সকলেও লেখাবোৰৰ মাজত নিজকে বিচাৰি পালে। এইদৰেই অতি কম সময়ৰ ভিতৰতে অঙ্গন আলোচনীখন সকলোৰে অতি মৰমৰ হৈ পৰিল।

আলোচনীখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিভিন্ন দিহা-পৰামৰ্শ দি সহযোগিতা আগবঢ়োৱা সন্মানীয় উপদেষ্টাদ্বয় ড০ অখিল চক্ৰৱৰ্তী ছাৰ আৰু দুৰ্গেশ্বৰ শইকীয়া ছাৰলৈ প্ৰথমেই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। একেদৰে ব্যৱস্থাপক সম্পাদক হিচাপে সেৱা আগবঢ়োৱা ৰাজশ্ৰী বৰা আৰু সুদীপ্ত নয়ন নাথলৈও থাকিল অফুৰন্ত মৰম-চেনেহ। এই ছেগতে সহঃ সম্পাদক মঞ্জিত হাজৰিকা আৰু পৰিণীতা কলিতাৰ নাম উল্লেখ নকৰিলে এই সম্পাদকীয় লেখাটি আধৰুৱা হৈ ৰ'ব।

মঞ্জিত হাজৰিকা এটি কাব্য প্ৰতিভাৰ নাম। তেখেতৰ কবিতাই হাজাৰজনৰ মন জয় কৰিবলৈ সক্ষম হৈছে। তাতোকৈ ডাঙৰ কথা, সাহিত্যৰ পথাৰখনত অক্লান্ত পৰিশ্ৰম কৰিব পৰা এটি সাধনা- মঞ্জিত হাজৰিকা। ব্যক্তিগতভাৱে আমি অন্তৰংগ বন্ধুত্বৰ এনাজৰীৰে তেখেতৰ লগত বান্ধ খাই আছোঁ। অঙ্গন আলোচনীখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতৰ যি আন্তৰিক আগ্ৰহ আৰু প্ৰচেষ্টা, এয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। তেখেতক সহযোগী হিচাপে পাই আমি নথৈ সুখী হৈছোঁ।

একেদৰে পৰিণীতা কলিতা হৈছে বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰী। সৰুৰে পৰাই পৰিণীতাই বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ লিখি নিজৰ এটি পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে। অঙ্গন আলোচনীখনৰ প্ৰতি পৰিণীতাৰ যি মৰম আৰু দায়ৱদ্ধতা ইয়াকো আমি কেৱল অনুভৱহে কৰিব পাৰোঁ। ব্যক্তিগতভাৱে পৰিণীতা আমাৰ ভগ্নীসদৃশ। বয়সত পৰিণীতা আমাতকৈ সৰু যদিও কেতিয়াবা অনুভৱ হয়, যেন তাই কিছুমান দিশত আমাতকৈ অধিক সচেতন আৰু দূৰদৰ্শী। পৰিণীতাকো সহযোগী হিচাপে পাই আমি পৰম সুখী হৈছোঁ।

আনহাতে আলোচনীখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা কিছু সংখ্যক প্ৰতিনিধি আৰু লেখক-লেখিকা এই বছৰটোতেই আমাৰ বুকুৰ আপোন হৈ পৰিল। আলোচনীখনৰ জড়িয়তে আমি কাৰোবাৰ ককাইদেউ, কাৰোবাৰ ভাতৃ, কাৰোবাৰ ছাৰ, কাৰোবাৰ মামা আৰু কাৰোবাৰ অন্তৰংগ বন্ধু হৈ পৰিলোঁ। আজিৰ এই পবিত্ৰ দিনটোত তেওঁলোক আটাইলৈকে মনত পৰিছে আৰু কথাবোৰ ভাবি অভিভূত হৈ পৰিছোঁ।

সঁচাকৈয়ে এয়া গৌৰৱৰ বিষয় যে আমাৰ মৰমৰ অঙ্গন আলোচনীখন এবছৰীয়া হ'ল। ঠুনুক ঠানাককৈ অঙ্গনৰ মাত ফুটিছে, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ শীৰত লৈ অঙ্গনে এখোজ দুখোজকৈ খোজ কাঢ়িবলৈ শিকিছে। আমি আশাবাদী, অঙ্গন এদিন অসমৰ এখন উল্লেখযোগ্য আলোচনীত পৰিণত হব, আপোনালোকৰ উৎকৃষ্ট লেখাৰে সমৃদ্ধ এই আলোচনীখনে পাঠকৰ অকৃত্ৰিম মৰম চেনেহ লাভ কৰিব পাৰিব।

যিকোনো কামত সফলতা লাভৰ বাবে পৰিশ্ৰমেই হৈছে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ। অঙ্গন আলোচনীখন আগবাঢ়ি যোৱাৰ আঁৰতো আছে আলোচনীখনৰ সম্পাদনা সমিতি, প্ৰতিনিধি, লেখক-লেখিকাৰ অবিৰত পৰিশ্ৰম। বাহ্যিক দৃষ্টিকোণৰ পৰা চালে যিবোৰ বিষয় আমাৰ দৃষ্টিগোচৰ নহয় তেনে বহুতো বিষয়ত আমি কাম কৰিবলগীয়া হয় আৰু কিছুমান সিদ্ধান্তত উপনীত হ'বলগীয়া হয়। উল্লেখ্য যে এই সিদ্ধান্তবোৰ একমাত্ৰ আলোচনীখনৰ স্বাৰ্থত ল'বলগীয়া হয় । যিবোৰ বিষয়ত আমাৰ ব্যক্তিগত ভাল লগা বেয়া লগা কথাবোৰে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। গতিকে আজিৰ এই পবিত্ৰ দিনটোত সকলোলৈকে এটাই অনুৰোধ জনাব বিচাৰিছোঁ, অঙ্গন এতিয়াও চালুকীয়া অৱস্থাত আছে। অঙ্গনক আপোনাৰ অকৃত্ৰিম মৰম-চেনেহ আৰু আন্তৰিক সহযোগিতাৰ খুবেই প্ৰয়োজন।

এইখিনিতে সকলোকে জনাব বিচাৰিছোঁ যে চলিত মাহত অনুষ্ঠিত হ'বলগীয়া অঙ্গনৰ বৰ্ষপূৰ্তি অনুষ্ঠানটি সাম্প্ৰতিক ক'ভিড সৃষ্ট জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ভাৱে স্থগিত ৰখা হৈছে যদিও পৰিস্থিতি স্বাভাৱিক হলেই আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু আলোচনীখনৰ জৰিয়তে সকলোকে অৱগত কৰিম। আপোনালোকলৈ অনুৰোধ, ঘৰতে থাকক ভালে থাকক। ক'ভিড প্ৰটকল মানি চলক।

হেমেন নাথ
সম্পাদক, অঙ্গন
ভ্ৰাম্য ঃ ৯৬৭৮৬৯৬৮৬১


পৃষ্ঠা ৭
প্ৰৱন্ধঃ
বৈষ্ণৱ ধৰ্মত ' নাৱৰ নাম'

লীলাধৰ হাজৰিকা

কিন্তু তেনে এক ঐতিহ্যপূৰ্ণ  পৰম্পৰা  যোৱা এশ পোন্ধৰ বছৰে শিৱসাগৰ চহৰৰ পৰা আঠ কিলোমিটাৰ দূৰৈত অৱস্থিত বেতবাৰী মৌজাৰ অন্তৰ্গত আখৈফুটীয়া গাঁৱৰ ৰাইজে আজিও উদযাপন কৰি অহা কাৰ্য অতিকৈ প্ৰশংসনীয় ৷

যোৱা সংখ্যাৰ পিছৰ পৰা--

মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰি থৈ যোৱা বৈষ্ণৱ ধৰ্মৰ  সৈতে নদীৰ সম্পৰ্ক থকা ভালেমান উদাহৰণ পোৱা যায়  ৷ অসমীয়া সমাজ সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাই এসময়ত ৰাম ৰাম গুৰু নৰোত্তম, মহেন্দ্ৰ কন্দলি, সঞ্জয়, বনৰাম, হৃষীকেশ, পৰমানন্দ, দামোদৰ, শ্ৰী ৰাম, হৰিদাস আদিকে ধৰি ১৭ গৰাকী ভকতক লৈ দায়া কালী, মথুৰা, বৃন্দাবন আদি তীৰ্থ প্ৰস্থান বাৰ বছৰ কাল ভ্ৰমণ কৰি ফুৰিছিল ৷ উভতি অহাৰ পাছত বৰদোৱা, কোমোৰাকটা, গাংমৌ, বেলগুৰি, পাটবাউসী আদি স্থানতো ধৰ্মপ্ৰচাৰ কৰিছিল ৷ সেই সময়ত এনেদৰে ধৰ্মপ্ৰচাৰ কৰিবলৈ নাৱৰ বাহিৰে আন যাতায়ত ব্যৱস্থাৰ সুবিধা নাছিল ৷ সেইবাবে গুৰুজনাই বৰলুইতৰ বুকুত ভাৰ বা মাৰ নাও বান্ধি অথবা ভূৰ বান্ধিয়েই যাত্ৰা কৰিবলগীয়া হৈছিল ৷ গুৰুচৰিতৰ পৰা জনা যায় যে শেষ বয়সতো গুৰুজনাই নাৱত উঠিয়েই পুনৰ কিছুদিনৰ বাবে তীৰ্থভ্ৰমণ কৰি ফুৰাৰ কথা উল্লেখ আছে ৷ গুৰুজনাৰ একান্ত উত্তৰাধিকাৰী প্ৰিয় শিষ্য মাধৱদেৱ আৰু অন্যান্য শিষ্যসকলেও নাৱেৰেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৈষ্ণৱ আদৰ্শ তথা ধৰ্মপ্ৰচাৰ কৰি ফুৰিছিল ৷ এনেদৰে ধৰ্মপ্ৰচাৰ কৰি ফুৰোতে গুৰু-ভকতসকলৰ হৰিনামৰ অমিয় সুৰে সাধাৰণ জনসাধাৰণৰ মনো আকৰ্ষণ কৰিছিল ৷ হৰিনামৰ ধ্বনিয়ে  আকাশ-বতাহ গুঞ্জৰিত কৰাৰ সময়ত বহ্মপুত্ৰকে  আদি কৰি সৰু বৰ নদীৰ পাৰত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকলো বৈষ্ণৱ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ উঠিছিল ৷ এনেধৰণৰ যাত্ৰাৰ ফলস্বৰূপেই হয়তো এদিন নাৱৰ গীত -নাওখেলৰ গীত আদিৰ সৃষ্টি হৈছিল ৷ বৰপেটা, শুৱালকুছি, কুনসী নদী আৰু অন্যান্য সৰু বৰ নদীত গুৰুজনাৰ তিৰোভাৱ তিথি, জন্মোৱসৱ নতুবা বিজয়াদশমী, লক্ষীপূজা আজিও এনেধৰণৰ নাওখেল প্ৰতিযোগিতা আদি অনুষ্ঠিত হৈ অহা পৰিলক্ষিত হৈছে ৷ গুৰুজনাৰ নাৱত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কাৰ্যৰ দৰে নাওখেলৰ গীত চৰ অঞ্চলৰ চৰিয়াৰ গীত আদি বহুলভাৱে প্ৰচলন হৈ আহিছে ৷ অৱশ্যে বৰপেটা সত্ৰত নাতিদূৰৈত অৱস্থিত নাখন্দাৰ নাওখনত নাম-কীৰ্তন, দিহানাম গোৱাৰ পৰম্পৰাৰ দৰে আন নাওখেলত পৰম্পৰাগতভাৱে চলি অহা নাওখেলৰ গীতহে প্ৰচলন হোৱা দেখা যায় ৷

বৈষ্ণৱ ধৰ্মত নাৱৰ নাম শিৰোনামৰ সৈতে জড়িত উজনি অসমৰ এখন নদীত শতবৰ্ষ গৰকা এনে এক পৰম্পৰাৰ বিষয়ে কিছু কথা কোৱাৰ মানসেৰে আমি এই লেখা প্ৰস্তুত কৰিছো ৷

শিৱসাগৰ জিলাৰ দিচাং নদীত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা ১৯০৭ চনতেই আৰম্ভ কৰা ' নদীত নাৱৰ নাম' এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠান ৷ বৰপেটা সত্ৰত নাওখেল বৰ্তমানেও প্ৰচলিত হৈ আহিছে যদিও নাৱত উটি নাৱতেই অস্থায়ীভাৱে থাপনা পাতি ভক্ত বৈষ্ণৱে নাম-কীৰ্তন কৰি নদীৰ দুয়োপাৰে থকা বিভিন্ন জনগোষ্ঠীক বৈষ্ণৱ ধৰ্মৰ আদৰ্শত নিমজ্জিত কৰিবলৈ লোৱা পৰম্পৰা অসমৰ কোনো সত্ৰ অথবা উল্লেখনীয় স্থানত এনে পৰম্পৰা থকাৰ বিষয়ে জনা নাযায় ৷ কিন্তু তেনে এক ঐতিহ্যপূৰ্ণ  পৰম্পৰা  যোৱা এশ পোন্ধৰ বছৰে শিৱসাগৰ চহৰৰ পৰা আঠ কিলোমিটাৰ দূৰৈত অৱস্থিত বেতবাৰী মৌজাৰ অন্তৰ্গত আখৈফুটীয়া গাঁৱৰ ৰাইজে আজিও উদযাপন কৰি অহা কাৰ্য অতিকৈ প্ৰশংসনীয় ৷
           প্ৰতি বছৰে বহাগৰ প্ৰথম দিনটোতে আখৈফুটীয়া অঞ্চলৰ ৰাইজে এই অনুষ্ঠানটো উদযাপন কৰে ৷ এই বছৰো যোৱা ১৫ এপ্ৰিল  ২০২১ তাৰিখে দিচাং নদীত  নাৱৰ নামৰ অনুষ্ঠানটো উদযাপন হোৱা তথ্য আহি আমাৰ হাতত পৰিছেহি  ৷ বছৰৰ প্ৰথম দিনটোতে ৰাতিপুৱাৰ ভাগত ৰাইজে তিনি-চাৰিখন নাও একেলগ কৰি মাৰ বান্ধি তাত বহিব পৰা ব্যৱস্থাও  কৰি লয় ৷ উক্ত নাৱতেই অস্থায়ীভাৱে গুৰু আসন প্ৰতিষ্ঠা কৰি ধূপ-ধুনা নৈবেদ্যৰে শৰাই স্থাপন কৰে ৷ নাৱত ভকত বৈষ্ণৱে দিহা নাম জুৰে আৰু পাঁচ অথবা সাতজন ডেকাই লগ লাগি বঠা লৈ নাওখন উজাই ভটিয়াই বাই যায়  ৷ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে দিহা নাম গাই গাই আহি থকা নাৱৰ নামৰ শোভাযাত্ৰাক ভক্তি সহকাৰে দৰ্শন কৰিবলৈ নদীৰ দুয়োপাৰে ৰৈ থাকে ৷
          
 ক্ৰমশঃ


পৃষ্ঠা ৮
প্ৰৱন্ধঃ
প্ৰাচীন কামৰূপৰ ভাষা-সংস্কৃতি আৰু ধৰ্ম

প্ৰণৱ ফুকন, নতুন দিল্লী
+৯১- ৮৮২৬৮০৩০৩০

ত্ৰয়োদশ শতিকাত আহোমসকলৰ আগমণে লিখিত ইতিহাস বা বুৰঞ্জীৰ পৰম্পৰা আৰম্ভ কৰে ৷ আমি ইয়াত দ্বাদশ শতিকালৈকে কালছোৱাৰ ভাষা, সংস্কৃতি আৰু ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম ৷

প্ৰাচীন অসমত ইতিহাস লিপিবদ্ধ কৰাৰ পৰম্পৰা নাছিল ৷  আমি যি জানোঁ সেয়া ভূদানৰ বাবে সৃষ্ট শিলালিপি, হিউৱেনচাঙ আদি প্ৰবজকৰ ভ্ৰমণ বৃতান্ত, ৰজাসকলে দিগ্বীজয়ৰ পাছত জাৰি কৰা তাম্ৰফলক আৰু নিজৰ নামত জাৰি কৰা মুদ্ৰা, বাণভট্টৰ হৰ্ষচৰিত আৰু কলহনৰ ৰাজতৰঙ্গিনী পুথি আদিৰ পৰা সংগৃহীত ৷ এনে তথ্যৰ ভিত্তিত দেখা যায় যে সেই কালৰ অসম, কামৰূপ আৰু কোনো ক্ষেত্ৰত প্ৰাগজ্যোতিষ নামেৰে জনাজাত আছিল ৷ খ্ৰীষ্টাব্দৰ তিনিটা শতিকাৰ বিশেষ সমল আজিলৈকে সংগৃহীত হোৱা নাই ৷ চতুৰ্থ শতিকাৰ পৰাহে কামৰূপ- প্ৰাগজ্যোতিষৰ ইতিহাস উদ্ধাৰ কৰাত পণ্ডিতসকল সফল হৈছে ৷ এই সমলসমূহৰ পৰা জ্ঞাত হোৱা ৰাজবংশসমূহ আছিল:

(১) বৰ্মন বংশ : আনুমানিক ৩৫০ খ্ৰীঃৰ পৰা ৬৫০ খ্ৰীঃলৈ
(২) শালস্তম্ভ বংশ : আনুমানিক ৬৫০ খ্ৰীঃৰ পৰা ৯৯০ খ্ৰীঃলৈ
(৩) পাল বংশ : আনুমানিক ৯৯০ খ্ৰীঃৰ পৰা ১১৪২ খ্ৰীঃলৈ
(৪) পাল বংশৰ পতনৰ পাছত পৃথুৱে কামৰূপৰ সিংহাসন অধিকাৰ কৰে ৷

এই সময়চোৱাত ক্ষমতাৰ বঢ়া-টুটাৰ লগে লগে পুণ্ড্ৰবৰ্দ্ধন অঞ্চল (বৰ্তমানৰ উত্তৰ বঙ্গ) কেতিয়াবা কামৰূপ আৰু কেতিয়াবা বঙ্গৰ ৰজাই অধিকাৰ কৰিছিল ৷

শিলালিপি/ তাম্ৰলিপিসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল: 

(ক) কনৌজৰ সম্ৰাট সমুদ্ৰগুপ্তৰ এলাহাবাদৰ শিলৰ প্ৰশস্তিৰ পৰা জনা যায় যে চতুৰ্থ শতিকাৰ মাজভাগত বৰ্মন বংশৰ পুষ্য বৰ্মন কামৰূপৰ ৰজা আছিল

(খ) ভাস্কৰ বৰ্মনৰ নিধানপুৰৰ তামৰ ফলিৰ পৰা আনুমানিক ৪৫০ খ্ৰীঃৰ বৰ্মন বংশীয় মহেন্দ্ৰ বৰ্মনে অশ্বমেধ কৰাৰ ইঙ্গিত পোৱা যায় ৷ 

(গ) শালস্তম্ভ বংশৰ প্ৰখ্যাত ৰজা হৰ্জৰ বৰ্মনে জাৰি কৰা তেজপুৰৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ পাৰৰ বিশাল শিলৰ ‘তেজপুৰ শিলালিপি’ আৰু কাৰ্বি আংলঙত ‘হয়ুণ্ঠাল তামৰ ফলি’ পোৱা যায় ৷ এই লিপিৰ পৰা অনুমান কৰা হয় যে তেওঁ ৮১৫ খ্ৰীঃৰ পৰা ৮৩৫ খ্ৰীঃলৈকে ৰাজত্ব কৰিছিল ৷ মাছমৰীয়া নাও আৰু ৰাজকীয় নৌবাহিনীৰ নাওৰ মাজত হোৱা বিবাদৰ পৰিপেক্ষিতত তেজপুৰ শিলালিপিত হৰ্জৰ বৰ্মনৰ কঠোৰ আদেশ লিপিবদ্ধ কৰা হয় ৷

(ঘ) আনুঃ ৭২৫-ৰ পৰা ৭৫০ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰা শালস্তম্ভ বংশৰ শ্ৰীহৰ্ষদেৱে কামৰূপৰ স্খলিত মৰ্য্যাদা পুনৰুদ্ধাৰ কৰি কামৰূপৰ ক্ষমতা আৰু প্ৰভাৱ বিস্তাৰ কৰে ৷ নেপালৰ ৰজা দ্বিতীয় জয়দেৱৰ পশুপতি শিলালিপিত উল্লেখ থকা জয়দেৱৰ পত্নী ৰাজ্যদেৱীৰ বৰ্ণনাৰ পৰা অনুমান কৰা হয় যে এইগৰাকী কুঁৱৰী শ্ৰীহৰ্ষৰ জীয়ৰী আছিল ৷

(ঙ) শালস্তম্ভ বংশৰ বনমাল বৰ্মনে (আনুঃ ৮৩৫-ৰ পৰা ৮৬৫ খ্ৰীঃ) গৌড়ৰ পাল বংশৰ দুৰ্বলতাৰ সুযোগ লৈ পুণ্ড্ৰবৰ্দ্ধন পুনৰুদ্ধাৰ কৰি তিস্তা নদীৰ পাৰত ব্ৰাহ্মণক ভূদান কৰে ৷ তেজপুৰ আৰু পৰ্বতীয়া তামৰ ফলি মতে তেওঁৰ ৰাজ্য পূবে পৰ্বতৰ হাবিতলীয়া ঠাইৰ পৰা পশ্চিমে সাগৰতীৰলৈকে বিস্তৃত আছিল ৷

(চ) ৮৮৫ খ্ৰীঃত সিংহাসনত বহা শালস্তম্ভ বংশৰ তৃতীয় বল বৰ্মনে জাৰি কৰা উত্তৰ বৰবিল, নগাওঁ আৰু উলুবাৰীৰ তাম্ৰফলিৰ  পৰা জনা যায় যে তেওঁ পুণ্ড্ৰবৰ্দ্ধন তথা সাগৰতীৰলৈকে কামৰূপ ৰাজ্য বিস্তাৰিত কৰি জনজাতীয় অঞ্চলত ব্ৰাহ্মণক ভূদান কৰি হিন্দু ধৰ্মৰ প্ৰসাৰ আৰু স্থায়ী খেতিৰ বিকাশৰ বাবে চেষ্টা কৰিছিল ৷ 

(ছ) পাল বংশৰ ধৰ্মপালে (আনুঃ ১০৯৫-১১২০) সম্ভৱতঃ পুণ্ড্ৰবৰ্দ্ধন পুনৰোদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা শিলালিপি, তাম্ৰফলক আদিৰ পৰা জনা যায় যে তেওঁ জনজাতি অধ্যুষিত এলেকাত ব্ৰাহ্মণক মাটি দান কৰিছিল ৷ এই কথাই প্ৰমাণ কৰে যে তেওঁ হিন্দু ধৰ্ম প্ৰসাৰৰ বাবে চেষ্টা কৰিছিল আৰু নিগাজী খেতিৰ বাবেও সচেষ্ট আছিল ৷ পুষ্পভদ্ৰা তামৰ ফলিত তেওঁৰ ৰাজধানী কামৰূপ নগৰ আছিল বুলি উল্লেখ আছে৷

ত্ৰয়োদশ শতিকাত আহোমসকলৰ আগমণে লিখিত ইতিহাস বা বুৰঞ্জীৰ পৰম্পৰা আৰম্ভ কৰে ৷ আমি ইয়াত দ্বাদশ শতিকালৈকে কালছোৱাৰ ভাষা, সংস্কৃতি আৰু ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম৷

ভাষা:  কামৰূপৰ শিলালিপি, তাম্ৰপত্ৰ, মোহৰ আদিত সংস্কৃত ভাষাৰ প্ৰয়োগ হৈছিল ৷ এইয়া কামৰূপত হিন্দুধৰ্মৰ প্ৰভাৱ তথা উত্তৰ ভাৰতৰ অন্যান্য ৰাজ্যৰ লগত যোগাযোগৰ ফল আছিল বুলি পণ্ডিতসকলে মত পোষণ কৰে ৷ জনসাধাৰণৰ মাজৰ জনজাতীয় লোকসকলে নিজৰ দোৱান/ উপভাষা ব্যৱহাৰ কৰিছিল ৷ অন্যান্য লোকসকলে বোধহয় কামৰূপী প্ৰাকৃত মূলৰ ভাষা ব্যৱহাৰ কৰিছিল ৷ এই ভাষাৰ লিপিও সৃষ্টি হৈছিল ৷ কিন্তু ত্ৰয়োদশ শতিকাৰ কানাই বৰশী বোৱা শিলালিপিৰ আগলৈকে এই লিপিৰ ব্যৱহাৰ দৃষ্টিগোচৰ হোৱা নাই; এই শিলালিপিৰ ভাষা যদিও সংস্কৃত, লিপি আছিল অসমীয়া ৷ কামৰূপ প্ৰাকৃত মূলৰ ভাষা প্ৰথমে চুটীয়াসকলে আৰু পাছত আহোমসকলে গ্ৰহণ কৰাত মঙ্গোলীয়, বিশেষকৈ টাই মূলৰ বিভিন্ন শব্দৰ আগমন হৈ অসমীয়া ভাষাৰ সৃষ্টি হয় ৷

সাহিত্য: কামৰূপৰ ৰাজবংশসমূহ সাহিত্যৰ প্ৰতি অনুৰাগী আছিল আৰু শাস্ত্ৰ অধ্যয়ন কৰি জ্ঞান লাভ কৰাৰ কথা অনেক শিলালিপিত প্ৰকাশ পাইছে ৷ পণ্ডিতসকলৰ পৃষ্ঠপোষকতা কৰাও অতি পৰিষ্কাৰভাৱে দেখা যায় ৷ সেই যুগৰ সাহিত্যসম্ভাৰ অৱশ্যে সংস্কৃত ভাষাতেই বিৰচিত হৈছিল ৷ বৰ্মন বংশৰ ভাস্কৰ বৰ্মন এজন শাস্ত্ৰজ্ঞানী পুৰুষ আছিল আৰু প্ৰজাকো শাস্ত্ৰ অধ্যয়ন কৰি জ্ঞান আৰ্জ্জন কৰিবলৈ উৎসাহিত কৰিছিল ৷ অন্যান্য ৰজাসকলেও সাহিত্যৰ প্ৰসাৰৰ বাবে চেষ্টা কৰাৰ কথা পোৱা যায় ৷ 

সংস্কৃতি : কামৰূপৰ জনতা প্ৰধানতঃ অন্যৰ্য্যমূলৰ আছিল ৷ সেয়ে ৰাজবংশসমূহেও নিজকে নৰক- ভগদত্তৰ ভৌম বংশৰ বুলি পৰিচয় দিছিল ৷ গতিকে কামৰূপৰ সংস্কৃতিও অনাৰ্য্যসকলৰ সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ আৰ্য্য সংস্কৃতিৰ প্ৰসাৰৰ বাবে ৰাজবংশসমূহে যৎপৰোনাস্তি চেষ্টা কৰিছিল; সেয়ে যুদ্ধ জয়ৰ পাছত বা আন সময়ত ব্ৰাহ্মণসকলক জনজাতি অধ্যুষিত অঞ্চলত ভূদান কৰাৰ কথা শিলালিপি- তাম্ৰফলকসমূহে প্ৰমাণ কৰে ৷

ধৰ্ম : কামৰূপৰ জনসাধাৰণ মূলতঃ অনাৰ্য্যমূলৰ আছিল ৷ তেওঁলোকে নিজৰ পৰম্পৰাগত ইষ্টদেৱতাৰ পূজা-অৰ্চনা কৰিছিল ৷ ৰাজবংশসমূহে হিন্দু ধৰ্ম গ্ৰহণ কৰি ইয়াৰ প্ৰসাৰৰ বাবে চেষ্টা কৰি অনেক মন্দিৰ সজাইছিল ৷ তিব্বতীয় বৌদ্ধধৰ্মৰ প্ৰভাৱো যথেষ্ট পৰিলক্ষণীয় ৷ কাশ্মীৰৰ ৰজা মেঘবাহনে বিবাহ কৰোৱা কামৰূপ কুঁৱৰী অমৃতপ্ৰভা কামৰূপৰ ৰজা বল বৰ্মনৰ (আনুঃ ৪০৫-ৰ পৰা ৪২১ খ্ৰীঃ) জীয়ৰী আছিল বুলি অনেক ইতিহাসিবিদে মত পোষণ কৰে ৷ কল্হনৰ ৰাজতৰঙ্গিনীত অমৃতপ্ৰভাৰ উল্লেখ আছে যদিও কুঁৱৰীৰ পিতাকৰ নাম দিয়া হোৱা নাই ৷ অমৃতপ্ৰভাই কাশ্মীৰলৈ যাওঁতে লগত পিতাকৰ তিব্বতীয় বৌদ্ধগুৰু স্তনপাক লৈ গৈছিল আৰু কাশ্মীৰত বৌদ্ধ ভিক্ষুসকলৰ সুবিধাৰ্থে “লো-স্তনপা” নামক বৌদ্ধবিহাৰ নিৰ্মাণ কৰাইছিল ৷ ইয়াৰ পৰা বুজিব পাৰি যে সেই সময়ৰ কামৰূপৰ ৰাজবংশৰ ওপৰত বৌদ্ধধৰ্মই যথেষ্ট প্ৰভাৱ পেলাইছিল ৷ কুমাৰ ভাস্কৰ বৰ্মনে চীনদেশীয় পৰিব্ৰাজক হিউৱেনচাঙক নিজ ৰাজসভালৈ নিমন্ত্ৰণ দি মাতি আনি ধৰ্মালোচনা কৰা তথা  চীন সম্ৰাটৰ পৰা টাও ধৰ্ম আৰু দৰ্শনৰ প্ৰতিষ্ঠাতা লাউ-চুৰ প্ৰতিমূৰ্ত্তি বিচৰা কথাই সেই যুগত ধৰ্মৰ প্ৰতি থকা উদাৰ মনোভাৱ প্ৰকাশ কৰে ৷ 

ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে তুৰ্কী-মুছলমান শক্তিয়ে বঙ্গত প্ৰতিপত্তি স্থাপন কৰে ৷ ইয়াৰ প্ৰায় তিনি বছৰৰ পাছত বখতিয়াৰ খলজীয়ে তিব্বত আৰু চীনদেশলৈ অভিযান কৰাৰ মানসেৰে ১২০৬ খ্ৰীঃৰ শেষৰ ফালে অভিযান কৰাত কামৰূপৰ তৎকালীন ৰজা পৃথু তেওঁৰ বিৰোধী হয় ৷ খলজীয়ে এই অভিযানত অনেক দুৰ্যোগ ভোগ কৰে আৰু  অৱশেষত পৃথুৰ আক্ৰমণৰ ফলত মাত্ৰ কিছু সংখ্যক সৈন্য লৈ উভতি যায় ৷ অনেক মুছলমান সৈনিক কামৰূপতে থাকি যায়।
বখতিয়াৰ খলজীৰ পথ প্ৰদৰ্শক আছিল ইছলাম ধৰ্মীয় আলী মেছ নামৰ এজন মেছ সম্প্ৰদায়ৰ মুখীয়াল লোক ৷ যিহেতু তেওঁ এজন মুখীয়াল লোক আছিল, গতিকে তেওঁৰ অনুগামীসকলেও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বুলি ভৱাৰ থল আছে  ৷ তদুপৰি মেছ সম্প্ৰদায়ৰ লোক বঙ্গ আৰু কামৰূপত বিয়পি আছিল ৷ গতিকে এই সম্প্ৰদায়ৰ লোকেই কামৰূপৰ প্ৰথম ইছলাম ধৰ্মী লোক আছিল নেকি, এই সন্দেহো মনত জাগে ৷ বখতিয়াৰ খলজীৰ আক্ৰমণ অৱশ্যে আমাৰ আলোচ্য কালৰ পাচৰ ৷ কিন্তু আলী মেছৰ ধৰ্মান্তৰণৰ পৰা ধাৰণা হয় যে এই আক্ৰমণৰ বহু আগতেই, অৰ্থাৎ দ্বাদশ শতাব্দীৰ শেষৰ ফালে অসমৰ পশ্চিম অঞ্চলত ইছলাম ধৰ্মই শিপা মেলিছিল ৷


পৃষ্ঠাঃ ৯

প্ৰৱন্ধঃ
একাগ্রতাৰ অনন্য ️নিদৰ্শন একলব্য

অজয় বৰুৱা, দৰং
9707730427

একলব্য‌ই নিজৰ একাগ্ৰতা তথা অধ্যৱসায়ৰ দ্বাৰা শিকা ধনুবিদ্যা আৰু অদ্বিতীয় গুৰু ভক্তিৰ বাবে বিশেষভাৱে জনা যায়। 

     একগ্রতা হ'ল কোনো কামত একান্ত মনোযোগেৰে লাগি থকা মনৰ চিন্তা, আগ্ৰহ আৰু কৌশলৰ প্ৰয়োগ। এই আটাইকেইটা প্রক্রিয়াৰ লগত একাগচিত্ততাৰ সম্পৰ্ক । বিদ্যা আহৰণ কৰিবলৈ বা যিকোনো ক্রিয়া সুচাৰুৰূপে সম্পাদন কৰিবলৈ এই দিশকেইটা সদায় জড়িত। কোনো এটা কর্মৰ ফল ভাল বা জীৱনৰ কাৰণে সহায়কাৰী বুলি অনুভৱ কৰিলে কামটোৰ প্রতি বা ফলৰ লাভৰ আশা প্রৱল হৈ উঠে। ফলত কামটোৰ ফলদায়ক কৰাটো এটা লক্ষ্য হৈ পৰে ফলত মনত আগ্রহ জন্মে। আগ্রহ জন্মাৰ লগে লগে আমাৰ দেহ, মনেৰে শক্তি প্রয়োগ কৰি কামটো কৰাৰ কাৰণে সাজু হৈ পৰে। একাগ্ৰতাৰে কামত আত্মনিয়োগ কৰা বাবে কৃতকাৰ্য সহজে হোৱা দেখা যায়। ইয়াৰ উপৰিও কোনো কামৰ দায়িত্ব পালন বাধ্যতা -মূলকভাৱে একাগ্রচিত্তে কৰিব লগীয়া হয়। যাৰ ফলত একাগ্রতাৰে নিজৰ লক্ষ্য স্থিৰ কৰি উপকৃত হ'ব পাৰি।
      একাগ্ৰতাৰে কোনো কাৰ্যত লাগি থাকিলে কামটো সহজ হৈ পৰে। কাম এটা নিয়াৰিকৈ কৰিবলৈ আমি পদ্ধতিগতভাৱে শিকা উচিত। তেতিয়া কামটোৰ প্রতি আমাৰ আগ্রহো বাঢ়ে। কোনো সময়ত নিৰীক্ষণ কৰি কোনো কোনো সময়ত অধ্যয়ন কৰি কামৰ পদ্ধতিৰ আঁত বিচাৰি উলিওৱা হয়। সেই চেষ্টাৰ ফলত কাম সম্পাদন কৰি থাকিলে জন্মে। আত্মবিশ্বাস জীৱনৰ কর্মক্ষেত্রত অতিকে প্রয়োজন। ইয়াৰ অবিহনে মনৰ দৃঢ়তা নাথাকে। মনৰ দৃঢ়তা নাথাকিলে মনো সঘনে সলনি হয়। তদুপৰি একাগ্রভাৱে কাম কৰিলে কামবোৰ বিভিন্ন ধৰণে কৰাৰ উপায়ো উদ্ভাৱন কৰিব পাৰি। তেতিয়া কামে মনত আনন্দ দিয়ে। এনে এক একাগ্রতাৰ উদাহৰণ মহাভাৰতৰ একলব্য। 
     ভাৰতবৰ্ষৰ হিন্দু মহাকাব্যৰ অন্যতম ব্যাসদেৱে ৰচিত মহাভাৰত। মহাভাৰতৰ এক অন্যতম চৰিত্র একলব্য, যিজন আছিল নিপুন আৰু অদ্বিতীয় ধনুর্ধৰ। তেওঁ নিষাদ জাতিৰ ৰাজকোঁৱৰ আছিল। পিতৃ হিৰণ্যধনু। একলব্য‌ই নিজৰ একাগ্ৰতা তথা অধ্যৱসায়ৰ দ্বাৰা শিকা ধনুবিদ্যা আৰু অদ্বিতীয় গুৰু ভক্তিৰ বাবে বিশেষভাৱে জনা যায়। 
     মহাভাৰতৰ কাহিনী মতে নিষাদৰাজ হিৰণ্যধনুৰ পুত্ৰ একলব্য‌ই এদিন অস্ত্রশিক্ষা ল'বলৈ গুৰু দ্রোণাচার্যৰ ওচৰলৈ গৈছিল। কিন্তু ক্ষত্ৰিয় নোহোৱাৰ বাবে দ্রোণাচার্য‌ই একলব্যৰ শিষ্যত্ব গ্ৰহণ নকৰিলে ফলত দুখমনেৰে একলব্য ঘুৰি আহিল। একলব্যৰ শিকাৰ একান্ত আগ্ৰহ ধাউতি বাবে দ্রোণচার্য‌ই শিষ্যত্ব গ্ৰহণ নকৰাৰ পিছতো নিৰাশ নহৈ বনৰ মাজলৈ গৈ তাত গুৰু দ্রোণাচার্যৰ এক মূর্তি সাজি তেওঁক মনে-প্রাণে গুৰু মানি অস্ত্ৰ চালনাৰ শিক্ষাৰ লগতে ধর্মচর্চা আৰম্ভ কৰিলে। একলব্যৰ একান্ত একাগ্ৰতা, চেষ্টা আৰু আত্মবলৰ বাবেই কম সময়ৰ ভিতৰতে তেওঁ এজন সুনিপুণ ধনুর্ধৰত পৰিণত হ'ল। 
     এদিন কৌৰৱ আৰু পাণ্ডৱ সমন্বিতে ৰাজকোঁৱৰসকল মৃগয়া কৰিবলৈ সেই বনত সোমাল। তেওঁলোকৰ লগত যোৱা কুকুৰ এটাই বনৰ মাজত মূর্তিৰ সন্মুখত ধনুৰ অনুশীলন কৰি থকা একলব্যক দেখিলে আৰু ভুকিবলৈ ধৰিলে। সাধনাত ব্যাঘাত জন্মা বাবে একলব্য‌ই বিশেষ কৌশলেৰে পাঁচ পাট কাঁড় মাৰি ভুকিব নোৱাৰাকৈ মুখখন বান্ধি পেলালে। কুকুৰটোৱে ভূকিব নোৱাৰি বনৰ পৰা ওলাই অহাত কোঁৱৰ সকলৰ চকুত পৰিল আৰু কুকুৰটোক কোনে এই অৱস্থা কৰিলে তাক অনুসন্ধান কৰিবলৈ সকলো হাবিৰ মাজলৈ গ'ল। গহীন হাবিৰ মাজলৈ গৈ দেখিলে গুৰু দ্রোণচার্যৰ মূর্তি আগত লৈ ধ্যানমগ্ন হৈ থকা একলব্যক। সকলোৱে বুজি পালে এই একলব্যয়ে কুকুৰটোৰ মুখ বান্ধি পেলাইছে। তে‌ওঁলোক ঘুৰি আহি গুৰু দ্রোণচার্যক সকলো কথা বিৱৰি ক'লে। গুৰু দ্রোণচার্য‌ই কথাবোৰ শুনি আচৰিত হ'ল আৰু সকলো একেলগে একলব্যৰ সাধনাস্থলীলৈ গ'ল। দ্রোণচার্য‌ই বুজিলে তেওঁৰ মূর্তি আগত ৰাখি সাধনা কৰি থকাজন এদিন শিক্ষা দিবলৈ অমান্তি হোৱা হিৰণ্যধনুৰ পুত্ৰ একলব্য। তথাপি দ্রোণচার্য‌ই সুধিলে...
দ্রো: হে পুত্ৰ, তুমি কোন ? হাতত ধনুকাঁড় লৈ কি কৰিছা ? 
একলব্য : প্রণাম গুৰুদেৱ। ম‌ই একলব্য। গুৰুদেৱৰ অনুগ্ৰহত ম‌ই এই গহীন বনত ধনুবিদ্যা শিকি আছো। 
দ্রো: তোমাৰ গুৰু কোন ? 
একলব্য: আচাৰ্য দ্রোণচার্য মোৰ গুৰু। 
দ্রো: ম‌ইতো তোমাক শিষ্য হিচাপে লোৱা নাই। 
একলব্য: আপুনি নল'লেও আপোনাৰ মূর্তিক ম‌ই মনে প্রাণে গুৰু হিচাপে চৰণ কৰি লৈছো। আজি মোৰ পৰম সৌভাগ্য আপুনি আহি মোৰ আগত দেখা দি ধন্য কৰিলে। 
দ্রো: তুমি যদি সঁচাকৈয়ে মোৰ শিষ্য হিচাপে কাম কৰিছা তেনেহ'লে গুৰু দক্ষিণা দিব লাগিব। 
একলব্য: গুৰুদেৱ আপোনাক গুৰুদক্ষিণা দিব পাৰিলে ম‌ই পৰম সৌভাগ্যবান হ'ম। কি দক্ষিণা দিব লাগে ক‌ওঁক গুৰুদেৱ। 
দ্রো: তেনেহ'লে তুমি তোমাৰ সোঁহাতৰ বুঢ়া আঙুলিটো মোক দক্ষিণা হিচাপে দিয়া। 
      একলব্যই হাঁহিমুখে ততালিকে নিজৰ বুঢ়া আঙুলিটো কাটি গুৰুৰ হাতত অর্পণ কৰিলে। দ্রোণ‌ই একলব্যক আর্শীবাদ দি কোঁৱৰসকলক লৈ হস্তিনাপুৰলৈ আহিল। গুৰু দ্রোণচার্য‌ই পঞ্চপাণ্ডৱৰ অর্জুনক পৃথিৱীৰ শ্ৰেষ্ঠ ধনুর্বিদ কৰাৰ স্বাৰ্থতে একলব্যৰ বুঢ়া আঙুলিটো কাটি শ্রেষ্ঠত্বৰ পৰা আঁতৰালে। একলব্যৰ কঠোৰ শ্ৰম আৰু সাধনা সকলো শেষ কৰি পেলালে। ইয়াৰ পিছতো একলব্য‌ই ধনুর্বিদ্যা চৰ্চা এৰি নিদি একাগ্রতাৰে তৰ্জনী আৰু মধ্যমা আঙুলিৰে কৰি থাকিল আৰু এক নতুন কৌশল উদ্ভৱ কৰিলে যিটো কৌশল আধুনিক যুগৰ ধনুর্ধৰ সকলে ধনু চালনা কৰাত ব্যৱহাৰ কৰে।


পৃষ্ঠা ১০

প্ৰৱন্ধঃ

আজৰি সময়বোৰ হওক প্ৰাণশক্তিৰ আধাৰ

শ্ৰী মঞ্জুমালা শৰ্মা ভট্টাচাৰ্য্য
জাঁজী, জামুগুৰি

আজৰি সময়বোৰত দুঃচিন্তাৰ পৰা হাত সাৰিবলৈ অৱসৰৰ সময়ত আমাৰ ভাল লগা  ৰুচিসন্মত কিছুমান কাম কৰি  নিজকে ব্যস্ত ৰাখিব পাৰো ৷ ঘৰৰ কাষতে থকা ফুলনিডৰা , পাচলিৰ বাগিছাখন  সুন্দৰকৈ গঢ়ি তোলাৰ লগতে জৈৱিক আৰু স্বাস্থ্যসন্মত শাক -পাচলিকেইটা খাব পাৰো৷ আনহাতে ছাত্ৰ-ছাত্ৰী আৰু উঠি অহা প্ৰজন্মই  সুপ্ত প্ৰতিভাবোৰ বিকাশৰ বাবে নিজকে ব্যস্ত ৰাখিব পাৰে ৷

        সময় গতিশীল আৰু নদীৰ দৰে নিৰবধি ৷ সময় নদীত জীৱন নামৰ নৌকাখনে  গতি কৰে অগ্ৰগামী সোঁতৰ স’তে ৷ সময়ৰ লক্ষ্য কেৱল আগুৱাই যোৱাৰ ৷ জীৱনৰ গতিপথত আগুৱাই যাওঁতে কেতিয়াবা আমাৰ যাত্ৰা স্তিমিত হৈ ৰয় ৷ ছন্দহীন আৰু বিৰামহীনভাৱে আমি কেতিয়াও নিৰৱচ্ছিন্নভাৱে আগুৱাব নোৱাৰো ৷ আমাক সময়ে সময়ে  প্ৰয়োজন হয় আজৰি সময় বা অৱসৰৰ ৷ অৱশ্যে অৱসৰ মানে একেবাৰে স্থবিৰ হোৱা নুবুজায়  ৷ দিনটোৰ ব্যস্ততাৰ অন্তত আমাক এধানি জিৰণিৰ প্ৰয়োজন  ৷ এই অৱসৰ কেৱল ক্লান্তি অৱসাদ দূৰ কৰাৰ মাধ্যমেই নহয় ৷ এই অৱসৰ আমাৰ বাবে অনাবিল প্ৰেৰণা আশাব্যঞ্জক ৷
      অৱসৰ বা আজৰি সময়বোৰ আমাৰ কৰ্মজীৱনৰ এক দুৰ্লভ সম্পদ ৷ মানুহে গতানুগতিক আৰু একঘেয়ামি জীৱনযাত্ৰাৰ পৰা  কিছুসময় আঁতৰি এটা নতুন পৰিৱেশ সৃষ্টি কৰিব পাৰে অৱসৰৰ জৰিয়তে৷ অৱসৰে মানুহৰ জীৱনলৈ আনি দিয়ে প্ৰাণ চঞ্চলতা জীৱনৰ মধুময় ছন্দ ৷ এক উদ্দাম গতি ৷ কৰ্মব্যস্ততাৰ পৰা আঁতৰি  যান্ত্ৰিকতা পৰিহাৰ কৰি এক নান্দনিক পৰিৱেশত  নিজক সজাই তুলিব বিচাৰে আজৰি সময়ৰ কামবোৰৰ জৰিয়তে ৷ ছাত্ৰজীৱনৰ পৰা আৰম্ভ কৰি চাকৰিজীৱি, ব্যৱসায়ী, ৰাজনীতিবিদ আদি সকলোৱে বিচাৰে অৱসৰ৷
       বৰ্তমান সময়ত বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা মহামাৰীৰ ভয়াৱহতাই আমাৰ গতিশীল জীৱনযাত্ৰা ব্যাহত কৰি তুলিছে  ৷ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সমাজৰ সৰ্বসাধাৰণ শ্ৰেণীৰ লোকলৈকে  সকলোৰে মনোজগতখন অত্যন্ত ভাৰাক্ৰান্ত আৰু শংকিত ৷ ভয় সংশয়ৰ মাজত  আমি যেন দিক্-বিদিক হেৰুৱাই পেলাইছো ৷ কেৱল চৌদিশে অস্থিৰতা আৰু অনিশ্চয়তা ৷ মহামাৰীৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ আমি সময়ে সময়ে গৃহবন্দীত্বৰে সময় কটাব লগীয়া হৈছে ৷ এই দুঃসময় আৰু দুৰ্ভাৱনাৰ সময়ছোৱাত আমাৰ দীঘলীয়া সময়বোৰ  দেখোন নাযায় নুপুৱায় ৷এনে আজৰি সময়বোৰত দুঃচিন্তাৰ পৰা হাত সাৰিবলৈ অৱসৰৰ সময়ত আমাৰ ভাল লগা  ৰুচিসন্মত কিছুমান কাম কৰি  নিজকে ব্যস্ত ৰাখিব পাৰো ৷ ঘৰৰ কাষতে থকা ফুলনিডৰা , পাচলিৰ বাগিছাখন  সুন্দৰকৈ গঢ়ি তোলাৰ লগতে জৈৱিক আৰু স্বাস্থ্যসন্মত শাক -পাচলিকেইটা খাব পাৰো৷ আনহাতে ছাত্ৰ-ছাত্ৰী আৰু উঠি অহা প্ৰজন্মই  সুপ্ত প্ৰতিভাবোৰ বিকাশৰ বাবে নিজকে ব্যস্ত ৰাখিব পাৰে ৷ নৃত্য,গীত,বাদ্য-যন্ত্ৰ,অভিনয়,চিত্ৰকলা,খেলা-ধূলা, যোগাসন,ধ্যান আদিৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিব পাৰে ৷ বিগত বৰ্ষৰ লক ডাউনৰ সময়ছোৱাত বহুতে অৱশ্যে সময় পাৰ কৰিবলৈ বিভিন্ন ধৰণৰ ৰুচিসন্মত কাম কাজ কৰাৰ নিদৰ্শন সামাজিক মাধ্যমত  প্ৰকাশ পাইছিল৷ যিয়ে হয়তো বহুতকে অনুপ্ৰাণিত কৰে ৷
মানুহে  কোনো কাম বন নকৰি আলস্যভাৱে  জীৱন কটালে সুচিন্তা বা সজ কথা ভাৱিব নোৱাৰে ৷ অতিশয় আজৰি  মানুহৰ প্ৰগতিৰ প্ৰধান অন্তৰায় ৷ "An Idle mind is the Devil's workshop"অৰ্থাৎ খালী মগজু চয়তানৰ ঘৰ ৷ অত্যাধিক অৱসৰে আমাৰ মগজুৰ বিকাশ ঘটাব নোৱাৰে৷ আজৰি সময়ত বহুলোকে আড্ডা মাৰিয়েই সময় পাৰ কৰি ভাল পায়৷ কিন্তু আড্ডাবোৰ যদি গঠনমূলক হয় তাৰ পৰা অপকাৰ নহয় বৰঞ্চ উপকাৰ হয় ৷ যদি পৰচৰ্চা  পৰনিন্দা আৰু অযথা বাৰ্তালাপ হয় তাৰ পৰা কাৰোৰে উন্নতি নহয়৷
        অৱসৰক আমি জীৱনীশক্তিৰ  প্ৰাণ  ৰূপে ল'ব পাৰো তেতিয়া নিশ্চয়  আমাৰ জীৱনৰ গতিয়ে সলনি হ’ব ৷ মানুহ মাত্ৰেই প্ৰত্যেকৰে ৰুচিবোধ সুকীয়া ৷ চিন্তা, ভাৱনা,দৰ্শন আদি সকলো সুকীয়া ৷ নিজস্ব ভাৱনাৰে আমি প্ৰতিজন ব্যক্তিয়ে অৱসৰৰ সময়খিনি নিজস্ব ৰুচিবোধেৰে সজাই জীৱনটোক অধিক স্বাস্থ্যসন্মত আৰু উপভোগ্য কৰি  তুলিব নোৱাৰোনে ? প্ৰাত্যহিক প্ৰতিপৰ যন্ত্ৰণাদগ্ধ সময়ৰ হাতোঁৰাত বন্দী আমাৰ জীৱন ৷ কণ্টকময় পথত আগুৱাব খোজোঁতে  প্ৰতি পদে পদে কাঁইটৰ আঘাতত ৰক্তাক্ত হয় পদপৃষ্ট ৷ জীৱনৰ জটিলতা আৰু সংশয়ৰ আলিদোমোজাত ৰৈ আমি প্ৰত্যেকেই প্ৰকৃততে আশাকে ধিয়াও ৷ আশা থাকিলেহে জীৱনে গতি কৰে ৷ আজৰি সময়বোৰৰ কামবোৰেও আমাক হয়তো অধিক আশাবাদী হৈ জীয়াই থাকিবলৈ প্ৰেৰণা যোগাব ৷


পৃষ্ঠা ১১

ধাৰাবাহিক উপন্যাসঃ

অভিশ্ৰুতি

চয়নিকা বৰুৱা, যোৰহাট

(খণ্ড - ১৭)

(এদিন দুদিনকৈ দিনবোৰ বাগৰিব ধৰিলে। মইও আগতকৈ অলপ স্বাস্থ্য ভাল পাইছো যদিও মাজে মাজে মূৰৰ বিষ হয়। কিন্তু ডক্টৰে কৈছে ৩মাহ মানলৈ মাজে মাজে এনেদৰে মূৰৰ বিষ হোৱাতো স্বাভাবিক । সেয়েহে মোক মেডিকেলৰ পৰা ঘৰলৈ বুলি যাবলৈ অনুমতি দিয়া নাই। কিন্তু অহা কাইলৈ মই ঘৰলৈ বুলি বাট ল'ম। মনত অপাৰ আনন্দ। আইতাক বহু বছৰৰ পাছত দেখা পাম। আইতাও আকৌ আনন্দত মোতকৈও আত্মহাৰা হৈ আছে। নাথাকিবওনো কিয়, আইতাৰ মৰমৰ আইমানুজনীক কিমান বছৰৰ পাছত দেখা পাব। ঘৰৰ বাকীবোৰে মোক দেখিয়েই আছিল...কেৱল আইতাৰ বাহিৰে। এই কথাবোৰ ভাবি ভাবিয়ে বহুপৰ হ'ল। এনেতে......)

ক্ৰিং ক্ৰিং....
ক্ৰিং ক্ৰিং....
ক্ৰিং ক্ৰি.....Hello

•অভি...মই মাহীয়ে কৈছো.....

•হয়....মাহী। কওকচোন বাৰু।

•তাই সাৰপাই আছে নেকি???

•আছে । অলপ ৰ'ব.... মই তাইক ফোনটো দিছো।
....শ্ৰুতি....লোৱা...মাহীয়ে ফোন কৰিছে।

( অভিৰ হাতৰ পৰা ফোনটো লৈ মই ক'লো....)

•মাহী...কোৱা।

•গা-টো ভালে আছে নহয়?

•উম...আছে।

•নেহাৰ হাতত ভাত দি পঠিয়াইছো। ভাত গোটেই কেইটা খাবা দেই।

•মাহী মোৰ খাবলে একেবা.....
(থাপমাৰি কাণৰ ওচৰৰ পৰা তেওঁ ফোনটো লৈ গ'ল...)

•মাহী তাই ভাত গোটেই কেইটা খাব। আপুনি চিন্তা নকৰিব। মই আছো নহয়।

•তুমি থকাৰ কাৰণে আমাৰ বহুত চিন্তা কমিছে অভি। বহুত সহায় কৰিছা। তোমাৰ কথা তাই মানেও। তাই নাখাও বুলি ক'লেও কিন্তু ধমক দি হ'লেও ভাত কেইটা খোৱাবা।

•থিক আছে মাহী।

•হ'ব তেনেহ'লে...ৰাখিছো।

•থিক আছে।

টুত টুত...

• তুমি কিয় ফোনটো কাণৰ পৰা কাঢ়ি লৈ গ'লা?

•কাৰণ তুমি ভাত খাব মন নাই বুলি থেন্ থেনাবলৈ আৰম্ভ কৰি দিবা বুলি জানো যে...সেই কাৰণ.._।

•মোৰ সঁচাকৈয়ে মন নাই কাৰণে হে....

•উপায় নাই।..মোক কৈ কিবা লাভ হ'ব বুলি যদি ভাবিছা..তেন্তে...

•তেন্তে মই ভুল ভাবিছো।....হ'ব । মই জানো তুমি যে এনেকৈয়ে ক'বা। সঁচাকৈয়ে উপায় নাপাও দেই মই।

( এনেতে নেহায়ে ভাত লৈ আহিল। তাই ভাত কেইটা বাঢ়ি দিলে। প্ৰথমতে থেন্ থেনাইছিলোৱেই, কিন্তু তেওঁ অলপ খঙেৰে চোৱাত উপায় নাপায় ভয়তে ভাত কেইটা খালো..। )

[ এইখিনিতে আপোনালোকক কথা এটা সুধিছো দেই.... আপোনালোকৰ জীৱনত এদিন হ'লেও এনেকোৱা ঘটনা ঘটিছে নে....ভয়তে কাঁহীত বাঢ়ি দিয়া ভাত কেইটা নাখাও নাখাও কে গোটেই কেইটা ভাত খাবলৈ বাধ্য হৈছিল? মোৰ লগত কিন্তু ঘটিছিল। বাৰু এতিয়া পুনৰ কাহিনীলৈ ঘূৰি যাওঁ...নে কি কয় আপোনালোকে? হাহা..হাহা..]

( ভাত কেইটা খাই লৈ অলপ সময় শুই দিলো। অভি অলপ ওলাই গ'ল হেনো....মই সাৰ পাই সুধাত নেহায়ে ক'লে।...অলপ সময়ৰ পাছতে দেউতা আহিল। মোৰ কাৰণে দৈ গাখীৰ লৈ আহিছে। মই খাই বৰ ভাল পাও। দেউতাই লৈ অহা দৈ গাখীৰখিনি হেঁপাহেৰে খালো। সন্ধিয়া লাগিবই হ'ল। অভিয়ে দেউতাক ঘৰত থ'বলে গ'ল। নেহা আছে। তাই আৰু অভি আজি মোৰ লগতেই থাকিব। দেউতাক থৈ ঘূৰি আহোঁতে অভিয়ে নেহা আৰু মোৰ লগতে নিজৰ কাৰণেও ভাত লৈ আহিছে। সন্ধিয়াৰ সময়খিনি পুৰণি কথাবোৰ পাতিয়েই পাৰ কৰিলো। ৰাতি ভাত খোৱাৰ আগত সদায় মোক এবাৰ চেকাপ কৰি চাই....স্বাস্থ্য থিকে আছে নাই।...ডক্টৰ যোৱাৰ পাছত ভাতকেইটা খাই দৰৱ খাই মই শুই গ'লো... এটি নতুন সোণোৱালী পুৱাৰ অপেক্ষাত....)

আগলৈ...


পৃষ্ঠা ১২

এই বাটেদি ৰাধা যমুনালৈ যায়

শিৱানী বৰা, গুৱাহাটী
দূৰভাষ-৭০০২৫৬৪৮৪৪

অন্তিম খণ্ডঃ আঠ

" মহা ৰঙ্গ কৰি সবে ব্ৰজ নাৰী 
     দধি মথিব......." 

    ৰাসথলিৰ পৰা ভাঁহি অহা মধুৰ সুৰেও কুঁৱাৰ পাৰত বাল্টিয়ে বাল্টিয়ে গাত পানী ঢালি থকা মানুহজনীক শান্ত কৰিব পৰা নাই আজি। বৈ যাবলৈ দিছে সকলো দুখ, যন্ত্ৰণা। 

     টিনৰ বাকচৰ একোণত বাতৰি কাগজেৰে মেৰিয়াই থোৱা ৰঙা গোলাপ পাহৰ ৰঙৰ শাৰীখন গাত মেৰিয়াই প্ৰথম বাৰলৈ নিজকে চালে মানুহজনীয়ে। সন্মুখত এয়া অন্নপূৰ্ণা, ভদ্ৰনী নহয়। 

     যোৱা বছৰ বহাগ বিহুতেই ৰঞ্জনে কাগজৰ টোপোলা এটা হাতত দি কৈছিল
:পিছত খুলি চাবা। তোমাক খুব ধুনীয়া লাগিব। 

      ৰাতি শুবলৈ অহাৰ পৰত কাপোৰৰ জাপৰ মাজৰ পৰা টোপোলাটো উলিয়াই আনি খুলি চাইছিল তেওঁ।  এখন ৰঙা শাৰী লগত অলপ প্ৰসাধনৰ সামগ্ৰী। সেইদিনা বহু সময়লৈ সেন্দুৰ ৰঙী শাৰীখন হাতত লৈ কঁপি আছিল মানুহজনী। 

বিধবাৰ হাতত ৰঙীন শাৰী ! 
মহা পাপ !

     কিন্তু আজি আচৰিত ধৰণেৰে শাৰীখন পিন্ধাৰ পিছতো এবাৰো কঁপি উঠা নাই মানুহজনী। সন্মুখৰ ঘূণে খোৱা ড্ৰেচিং আইনাখনত নিজকে এবাৰ মন্ত্ৰ মুগ্ধৰ দৰে চাই ৰ'ল মানুহজনীয়ে। কম পোহৰৰ ঢিমিক ঢামাকৈ জ্বলি থকা বাল্বৰ পোহৰত পূৰ্ণ চন্দ্ৰৰ দৰে মুখখন জিলিকি উঠিছে। টুপ টুপকৈ পানী পৰি থকা মেলি থোৱা দীঘল চুলিটাৰিৰে সৈতে ৰঙা শাৰী পিন্ধি মানুহজনীক দেৱীৰ দৰে লাগিছে। শাৰীৰ ভাঁজেৰে প্ৰকট হৈ জিলিকি উঠা দেহৰ খলা বমাবোৰ দেখিলে ভদ্ৰানী বুলি কোনোবাই ক'ব জানোঁ ! সৰগৰ পৰা নামি অহা অপ্সৰাৰ দৰে লাগিছে আজি মানুহজনীক।

     টিনৰ বাকচৰ তলিত ভৰাই থোৱা ক'লা ছাল বাকলি এৰাই যোৱা বেগটোৰ ভিতৰৰ পৰা মাটিৰ কাগজখিনি উলিয়াই আনিলে। এইখনি ঘৰৰ হালুৱা বকুলকে দি দিব লাগিব বুলি মনতে ভাবিলে তেওঁ। 

     ক'লা বেগটো কাষলতিৰ তলত সোমোৱাই গোটেই ঘৰটো এপাক ঘূৰি চালে তেওঁ। পাকঘৰৰ গামলাত পৰি থকা মাংস খিনি, নুমাবলৈ ধৰা জুই কোৰা, এচুকত দমাই থোৱা কাঁহী বাতি খিনিয়ে আচৰিত ধৰণে আজি হাত বাউল দি মতা নাই মানুহজনীক। তেওঁৰ  ফালে  ডিঙি মেলি মেলি চাই থকা  গোহালিৰ গৰুকেইটালৈও মোহ উপজা নাই তেওঁৰ। দুৱাৰখন মাৰি ওলাই আহিল মানুহজনী । 

     মানুহে আবেগত কেতিয়াবা তাৎক্ষণিক সিদ্ধান্ত লয়। চাৰিওফালৰ পৃথিৱীখন এক মূহুৰ্তৰ বাবে ধূসৰ হৈ ৰয়। সেই সময়ত মানুহে কেৱল নিজকে দেখা পায়। পৰিয়াল, সমাজ কাকো চিনি নাপায়। কেৱল নিজক বিচাৰি চাব খোজে। 

      ৰঞ্জন মেলটৰীয়ে দলিয়াই থৈ যোৱা চিঠিখনত লিখিছিল

মৰমৰ অন্নপূৰ্ণা, 
     
     আজি শেষবাৰৰ বাবে তোমাক অনুৰোধ কৰিছোঁ। অলপ সাহস কৰি এখোজ আগবাঢ়ি আহাঁ। তোমাক ইমান যন্ত্ৰণাৰ মাজত এৰি থৈ শান্তিত থাকিব নোৱাৰোঁ। এইবাৰ তোমাক বিয়া কৰাই লগত লৈ যাম বুলিয়েই মন বান্ধি আহিছোঁ। জীৱনত এবাৰ নিজৰ কথাও ভাবি চাবা। বেছি সুখী হ'বা। আৰু নিলিখোঁ। এয়াই মোৰ শেষ অনুৰোধ। সিদ্ধান্ত তোমাৰ। যদি আপত্তি আছে তেন্তে আজিৰ পৰা কোনো দিন দেখা নিদিওঁ তোমাক কথা দিলোঁ। 

     আজি ৰাস চাবলৈ যাবা জানো মই।  কেনেকৈ গম পালোঁ নুসুধিবা। তোমাৰ সকলো খবৰ ৰাখো মই। তিনি আলিতে ৰৈ থাকিম মই। তুমি তোমাৰ উত্তৰটো কাগজ এখিলাত লিখি সেইখিনিতে পেলাই থৈ যাবা। যদি উত্তৰ হা হয় তেন্তে কাইলৈ পুৱাই গাওঁৰ মানুহ মাতি কথাষাৰ আলোচনা কৰিম। যদি মান্তি নহয়, তেন্তে আইনী ব্যৱস্থা ল'ম। ভাবি চিন্তি উত্তৰ দিবা। কেৱল নিজৰ কথা ভাবিবা অন্নপূৰ্ণা। 

ইতি, 
তোমাৰ ৰঞ্জন

ৰাসথলিৰ পৰা ভাঁহি আহিছে-

"এই বাটেদি যায় যায় যায় ৰাধা, 
          যমুনালৈ যায় ৰাধা, যমুনালৈ যায়...."

     মানুহজনী বাউলী ৰাধা হ'বলৈ ধৰিছে । বতাহত উৰি অহা শেৱালিৰ সুবাসত মানুহজনী মন্ত্ৰ মুগ্ধৰ দৰে তিনি আলিলৈ আগবাঢ়িল। আজি একো লৈ ভয় নাই মানুহজনীৰ। নাই কাইলৈ প্ৰচাৰ হ'ব লগীয়া " ভদ্ৰনী মেলটৰীলৈ পলাই গ'ল" বাতৰিটোলৈও। 

     এয়া ভদ্ৰনী নহয়। এয়া অন্নপূৰ্ণা। জীৱনটোক এটা সুযোগ দি চাব তেওঁ। যদি ভাল হয় সুখী হ'ব। যদি কষ্টও হয়, তেন্তে  ইমান দিনে আনৰ কাৰণে কষ্ট কৰিয়েই আছিলে এইবাৰ অলপ  কষ্ট নিজৰ কাৰণেও কৰিব তেওঁ।  দৰকাৰ  হ’লে দুগুণে কষ্ট কৰি নিজেই নিজৰ ভৰিত থিয় দি উঠিব। কিন্তু এইবাৰ নিজেও জীয়াই থাকিব অন্নপূৰ্ণা হৈ। 

     এইবাৰ মানুহজনীৰ চকুৰ আগত ভাঁহি অহা ৰঙীন সাজপাৰ, এটা সেন্দুৰীয়া আলিৰ ছবিখনে অন্নপূৰ্ণাৰ ভৰিত যেন ডেউকা লগাই থৈ গ'ল। কাণত বাজি উঠিছে অন্নপূৰ্ণা, অন্নপূৰ্ণা, অন্নপূৰ্ণা। অন্নপূৰ্ণা শব্দৰ পম খেদি খৰকৈ আগবাঢ়িল তেওঁ। 

     ৰাসৰ সুৰীয়া বাঁহীত বাউলী ৰাধা ঢাপলি মেলিছে যমুনাৰ তীঁৰলৈ। বাটত বাধা হোৱা শংখচূড়ক বাধা দিবলৈ কলীয়া কানাই সদায় আছে। সদায় থাকিব!!

সমাপ্ত।


পৃষ্ঠা ১৩

অণুগল্পঃ

ক/ অপেক্ষাৰ অন্তত জীৱন

অৰূপে কামলৈ যাওঁতে সদায় শিৱসাগৰ ASTC বাছ আস্থানত তাইক লগ পাই থাকে। দুয়োৰে চকুৱে কথাও পাতে, কিন্তু মাতিম বুলিও থমকি ৰয় কিজানি তাই ভুল বুজে। আজি সি ৰুমতে ঠিক কৰি আহিছে যেনে তেনে তাইক মাতিবই । হেৰা ভন্টী, তুমিযে কলেজ নগৈ এই ব্যৱসায় কৰিছা তোমাৰ ঘৰত বেলেগ কোনো নাই নেকি ? তাইৰ দুখঃ ভৰা উত্তৰ "দাদা কি কৰিম, ঘৰত মই আৰু বেমাৰী মা-দেউতা, মই ৰাতিপুৱা এই বাতৰি কাকত বেচি যি দুই- এটকা পাওঁ তাৰে ঘৰখন কোনোমতে চলাওঁ আৰু একো অসুবিধা নহ'লে মাজে মাজে কলেজলৈ যাওঁ" । অনাথ অৰূপৰ মনৰ একোনত বিষাদে খুন্দা মাৰি ধৰিলে আৰু সেইদিনাৰ পৰাই সি  সিহঁতৰ পোহপালৰ দায়িত্ব ল'লে।

অভিজিত শেনচোৱা
শিৱসাগৰ, নামতি।

খ/ পৰিৱৰ্তন
  
"সকলোৱে ধুনীয়াকৈ ফটো উঠিছে"।
     সদায় তাই দূৰৰ পৰা সিঁহতক চাই ৰয় !
"তোমাৰ লগত  ফটো এখন উঠিব পাৰিম নেকি?" কথাষাৰ শুনি তাই এখোজ-দুখোজকৈ আগবাঢ়ি গ'ল।
আজি তাইৰ মেকাপবিহীন সাফল্যৰ চেহেৰাটোৱে যে সকলোৰে চিনাকী!

দীপাঞ্জলী তালুকদাৰ
গুৱাহাটী।

গ/ পেট

স্কুলীয়া সহপাঠী শেৱালীৰ বিয়ালৈ নগ'লে বেয়া পাব বুলি সম্পৰ্কীয় বৌয়েকৰ পুৰণা ডিজাইনৰ পাটৰ কাপোৰ এযোৰ পিন্ধি ৰভাত বহু সময় বহি থাকিও কাৰোৰে মাত এষাৰ নাপাই মনটো বৰ বেয়া লাগি আছিল । কইনাই বাৰু দূৰৰ পৰাই মূৰ দুপিয়াই নমতা নহয় । সকলোৱে কইনাৰ লগত ফটো মাৰিবলৈ উথপথপ লগাইছে ।তাই ভাবি আছে মোকো কইনাই "আহ ফটো একপি মাৰো বুলি মাতিব "-- তাই ভাবি থাকোতেই দেখিলে তাইৰ কাষৰ মানুহ সকলো খাবলৈ উঠি গ'ল । তাই অকলে উচপিচাই থকা দেখি বিয়াঘৰত দূৰ সম্পৰ্কীয়  তাইৰ দৰেই গুৰুত্বহীন দৰিদ্ৰ মোমায়েকে দেখি কলে --"আপুনিও যাওক আকৌ "তেতিয়াহে তাই উঠি লাহে লাহে  খোৱা ঠাইলৈ উঠি গ'ল । বেয়া লাগিলেও  তাই ভাবিলে "নোখোৱাকৈ গুচি গলে আবেলিৰ সাঁজটো ভায়েক আৰু মাকে অন্ততঃ পেট পুৰাই খাবলৈ পাব । কাৰণ ৰাতিপুৱা সাঁজলৈ হে  যোগাৰ আছে বুলি তাই জানে ।
তাই জানে ,দুখীয়াৰ পেটটোহে আচল কথা ।

অসমা টুংখুঙীয়া
নামতি ।


পৃষ্ঠা ১৪

এক মিনিটৰ গল্পঃ

ক/ অতলান্ত

      আবেগৰ ওপৰত এযোৰ জীয়া শিলৰ কাপোৰ পিন্ধি তাই শান্তভাৱে বহি আছে । ডেৰবছৰীয়া কণমানিটোৱে ভোকত নে পিয়াহত নে কিবা অজান অভিমানত বাৰে বাৰে তাইক জোকাৰি জোকাৰি কান্দোনত গগণ ফালিছে । কিন্তু তাই নিৰ্বিকাৰ হৈ মাথোঁ সন্মুখভাগলৈ চাই ৰৈছে । বাহিৰৰ জগতখনৰ লগত তাইৰ যেন কোনো সৰ্ম্পক নাই । সেইমুহূৰ্তত তাই মাথোঁ নিৰ্বাক হৈ মনোজগতত বিচৰণ কৰিছে আৰু নিজৰ মনস্তত্ত্বৰ লগত কথা পাতিবলৈ অলপ সময় লৈছে । তাই ঘূৰি গৈছে সময়ৰ বালিত খোজ পেলাই এৰি থৈ অহা অথচ আত্মাৰ অতল গভীৰলৈ শিপাই থকা কিছুমান ৰঙীন মুহূৰ্তলৈ । য'ত আপোনজনৰ সান্নিধ্যত তাই শিঁহৰিত হৈ উঠিছিল । কিন্তু হঠাতে বৈ অহা হাড়কঁপোৱা বতাহ এছাটিয়ে তাইক বাস্তৱলৈ ঘূৰাই আনিলে । তাইৰ চকুৰ আগত অস্পষ্ট হৈ ভাঁহি থাকিল কেইখোজমান আঁতৰত থকা ধূপ-ধূনাৰ ধোঁৱাৰে সৈতে বাৰেবৰণীয়া ফুলৰ এখন চাঙি । আৰু ! আৰু সেইয়া কি ? একেবাৰেই যেন অবিশ্বাস্য ! নিজৰ চকুকেই বিশ্বাস কৰিব নোৱাৰি । তাইৰ বুকুখনে হাহাকাৰ কৰি উঠিল । কিন্তু কিবা এটা ভাবি তাই আকৌ আগৰ দৰেই শান্ত হৈ উঠিল । সেইসময়ত তাইৰ হৃদয়ৰ অতলান্তত কি ধুমুহা চলি আছিল উপস্থিত কোনোৱেই উপলব্ধি কৰিব নোৱাৰিলে । এইবাৰ তাই মন কৰিলে তাইৰ দেহৰ শুভ্ৰ জোনাকযোৰৰ এটা আঁচল ধৰি কণমানিটো কেতিয়াবাই শান্ত হৈ পৰিছে ।

মায়াশ্ৰী বড়া 
কটন বিশ্ববিদ্যালয়

খ/ আধুনিকতা

       আলিমুৰৰ সেই কেঁকুৰীটোৰ ফালেই তেওঁৰ দোকানখন আছিল। চুকটোত প্ৰফুল্ল মিস্ত্রীৰ দোকান বুলি কলে বিখ্যাত। ইয়াৰ কাৰণ এইটো নহয় যে সেই চুকটোত অকল তেওঁৰ দোকান খনেই আছিল, বিখ্যাত তেওঁৰ কামৰ কাৰণে আছিল। চাইকেল মেৰামতিৰ কামত তেওঁক বয়সে ভেটা দিলেও তেওঁৰ নিপুনতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। চুকটোত যিমান খিনি মানুহৰ চাইকেল আছিল সকলোৱেই তেওঁৰ ওচৰতেই মেৰামতি কৰাইছিল। ভাড়া ঘৰটোলে তেওঁ অহা বেছি দিন হোৱা নাছিল, ল'ৰাটোৰ লগত। তাৰ ওচৰতেই তেওঁ সেই চাইকেল মেৰামতিৰ দোকানখন খুলি লৈছিল। ঠিকেই চলি আছিল দোকানখন, কিন্তু সময়ৰ লগে লগে পৰিৱৰ্তন আহিল। কেঁচা ৰাস্তা, ঘৰ বিলাক পকা হ'ল। চাইকেলৰ ঠাইত স্থান ললে আধুনিক যাতায়তে আৰু পৰিৱৰ্তন তেওঁৰ দোকানখনলৈয়ো আহিল। তেওঁক তেতিয়া প্ৰায়ে দোকানৰ সন্মুখত বহি  সন্মুখে দি গৈ থকা মটৰ গাড়ী বিলাকলৈ চাই থকাই দেখিছিলোঁ। আগৰ গ্ৰাহক বিলাকে তেওঁক এতিয়া মাত এষাৰ মাতি যায়।
        তেনেকৈয়ে এদিন তেওঁ ভাড়া ঘৰটো এৰি গুচি গৈছিল। পিছত গম পাইছিলোঁ তেওঁ ল'ৰাটো তাৰ মোমায়েকৰ ঘৰত থৈ তাৰ পৰাও এদিন অন্তৰ্ধান হৈছিল।
      মোৰ সন্মুখৰ বেৰখনত আওঁজাই থোৱা দাদাৰ পুৰণা বেয়া চাইকেলখন চাই থাকোঁতে তেওঁৰ কথাবোৰ মনলৈ আহি আমনি কৰি থাকিল।
       এৰা, আধুনিকতাই ক'ত বুজিব এনেবোৰ জীৱনৰ মূল্য।

অসীম জ্যোতি হাজৰিকা
পদাৰ্থ বিজ্ঞান বিভাগ, 
ডিব্ৰুগড় বিশ্ববিদ্যালয় ।
ফোন : 7002582252


পৃষ্ঠা ১৫

অনুবাদ কবিতা ঃ

I Heard a Fly Buzz
By Emily Dickinson( 1830-1886 )

I heard a fly buzz-when I died,
The stillness round my form
Was like the stillness in the air
Between the heaves  of storm.

The Eyes had wrung them dry,
And breathes were gathering firm
for that last Onset,when thr king
Be witnessed un his power.

I willed my keepsakes,signed away
And what portions of me be
Assignable -and then it was
There interposed a fly-
With blue -uncertain stumbling buzz
Between thr light-and me
And then the windows failed-and then

I could not see to see.

মই শুনিছিলোঁ --

মই শুনিছিলোঁ এটা মাখিৰ ভুনভুননি-
মোৰ অন্তকালত,
দেহাৰ আশে-পাশে নীৰৱতা -
যেন ধুমুহাৰ সৃষ্ট দুই ব্ৰজপাতৰ
মাজৰ বতাহৰ নিস্তব্ধতা ৷

চৌপাশৰ চকুবোৰ অশ্ৰুহীন হৈ শুকাল,
উশাহবোৰ গোট মাৰি আহিছিল
সেই শেষ ক্ষণৰ বাবে,যেতিয়া যমৰাজে 
সাক্ষাৎ দিব তেওঁৰ সৰ্ব শক্তিৰে ৷

মই মোৰ ইচ্ছাপত্ৰ লিখি দিলোঁ,
আৰু দেহাৰ সাঁচতীয়া টোপোলাৰ
বিলাব পৰা খিনি বিলাবলৈ ক'লোঁ-
আৰু তেতিয়াই মাজত সোমাল
এটা নীলা, অনিশ্চিত,
অসন্তুলিত ভুনভুননিৰ মাখি-
পোহৰ আৰু মোৰ মাজত-
সেই মূহূৰ্ততে বন্ধ হ'ল খিৰিকীখন-
আৰু তাৰ পাচত-

মই চাব খুজিও একো নেদেখা হ'লো…

(আমেৰিকান কবি এমিলি ডিকিন্সনৰ জন্ম ১৮৩০ চনত ৷তেওঁৰ জীৱন কালত ১৮০০ কবিতা প্ৰকাশ পাইছিল ৷ বহু অপ্ৰকাশিত কবিতা তেওঁৰ মৃত্যুৰ (১৮৮৬ ৰ) বহু বছৰৰ পিছত ১৯৫৫ চনত প্ৰকাশিত সংকলনত সন্নিবিষ্ট হৈছিল ৷ তেওঁ প্ৰকৃতিৰ ওপৰত লিখিলেও সৰ্বাধিক কবিতা জৰা-ব্যাধি-মৃত্যুৰ ওপৰত ৰচিত ৷)

অনুবাদঃ প্ৰাণকৃষ্ণ গোস্বামী
কাহিলিপাৰা,গুৱাহাটী-১৯,
মো: +৯১ ৭০০২৪০৯৬৫৫


পৃষ্ঠা ১৬
অনুবাদ কবিতা ঃ

ভালপোৱাৰ দৃষ্টিৰে চোৱা

ভালপোৱাৰ দৃষ্টিৰে চোৱা, সুন্দৰ দেখিবা সকলো
ভালপোৱাৰ চকুলৈ চোৱা, চোৱা জীৱন মধুৰ;
চোৱাৰ আগেয়ে তিনিবাৰ কোৱা, ভালপোৱা
তাৰ পাছত চোৱা, সাধাৰণকো অনুভৱ হ'ব তিলোত্তমা,
যিজনে বেছিভাগ শব্দই ভুলকৈ উচ্চাৰণ কৰে,
তেওঁৰ কথা-বতৰা কাব্যময় অনুভৱ হ'ব
হলংহলংকৈ খোজ দিয়ে যিজনে, তেওঁৰ খোজ-কাটলো অনুভৱ হ'ব শিল্প,
যাৰ মাত চ'তৰ ছিঁৰাল ফটা দিয়া পথাৰৰ দৰে ৰুক্ষ
সেই মাতো অনুভৱ হ'ব পৃথিৱীৰ মধুৰতম কবিতা;
কেৱল ভালপোৱাৰ চকুলৈ চোৱা, ভালপোৱাৰ দৃষ্টিৰে চোৱা,
অনুভৱ হ'ব পৃথিৱীখন কিমান যে সুন্দৰ, জীৱন কি যে মধুময়
যিকোনো সাধাৰণকো অনুভৱ হ'ব অতুলনীয় । 

মূল বাংলা: মহাদেৱ সাহা
অনুবাদঃ ড ৹ কুমুদ ঘোষ,
নকছাৰি মহাবিদ্যালয়,
নকছাৰি - ৭৮৫৬৩৫,
যোৰহাট - অসম ।


পৃষ্ঠা ১৭

কৃপণ       

মূল বাংলা—ৰবীন্দ্ৰনাথ ঠাকুৰ ।
অসমীয়া অনুবাদ—মীনাক্ষি ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী ।

মই ভিক্ষা কৰি ফুৰিছিলোঁ গাঁৱৰ বাটে বাটে,
তুমি গৈছিলা সেই সময়তে তোমাৰ স্বৰ্ণৰথেৰে, মোৰ চকুত এনে হেন লাগিছিল অপূৰ্ব এটি সপোনৰ দৰে । কি বিচিত্ৰ শোভা তোমাৰ, কি বিচিত্ৰ সাজ !
মনে মনে ভাবিলোঁ, এয়া কোন মহাৰাজ ।
কি যে শুভক্ষণত আজি পুৱাল ৰাতি ভাবিলোঁ সেয়ে, আজি ম‌ই নালাগিব ঘূৰিব দুৱাৰে দুৱাৰে ।
ৰথেৰে যাওঁতে ধনধান্য ছটিয়াব দুই হাতে,
মুঠিয়ে মুঠিয়ে বুটলি ল'ম, ল'ম ভাৰে ভাৰে ।
দেখিলোঁ হঠাতে মোৰ কাষত আহি ৰথখন গ'ল ৰৈ, তুমি নামিলা হাঁহি এটি মাৰি চাই মোৰ মুখলৈ । দেখি মুখৰ প্ৰসন্নতা জুৰ পৰিল সকলো বেথা, এনে সময়তে কিয় জানো তুমি অকস্মাৎ
"মোক কিবা দিয়া না" বুলি আগবঢ়াই দিলা হাত । এয়া কি কথা ৰাজাধিৰাজ, ক'তনো মৰোঁ !
শুনি খন্তেকৰ বাবে সেয়ে তলমূৰ হৈ ৰ'লোঁ ।
ভিখাৰী ভিক্ষুকৰ ওচৰত তোমাৰ অভাৱ আছে কিনো ! এয়া মাথোন ধেমালিৰ ছলেৰে মোকেই প্ৰৱঞ্চনা । মোনাৰ পৰা তুলি দিলোঁ এটি ক্ষুদ্ৰ কণা ।
ঘৰলৈ আহি পাত্ৰটো যেতিয়া উজাৰ কৰোঁ—
ই কি, ভিক্ষাৰ মাজত এটি ক্ষুদ্ৰ সোণৰ কণা দেখোঁ ! ৰজা ভিখাৰীক যিমান দিলোঁ, সোণ কৰি তাক ঘূৰাই পালোঁ — তেতিয়া কান্দোঁ চকুলোৰে দুটি নয়ন ভৰি,
তোমাক নিদিলোঁ কিয় মোৰ সকলো শূণ্য কৰি ?
              

পৃষ্ঠা ১৮

কবিতাঃ

মোহনা-১

মৰিবলৈ এখন দুৱাৰ লাগে
আৰু এখন দুৱাৰ
ঈশ্বৰক গোচৰ দিবলৈ
--এই আত্মঘাতী সভ্যতাৰ
মৃত্যুৰ দুৱাৰখন খুলিব কেতিয়াকৈ !!

এদিন
ৰ'দক গালি পাৰি পাৰি
সন্ধ্যা লাগিল

নীলা ফুলবোৰ মৰিল
জীৱনফুল নুফুলিল

দুৱাৰ দুৱাৰ হৈয়ে থাকিল
ফুল নুফুলিল


কিশোৰ মনজিৎ বৰা


পৃষ্ঠা ১৯
সূৰ্যাস্তৰ

(  স্বৰ্গীয় শব্দশিল্পী হোমেন বৰগোঁহাঞি সমীপেষু)

এতিয়া আমি এন্ধাৰত স্নান কৰি আছো
এন্ধাৰৰ আলিঙ্গনত দুৰ্বল হৈ আহিছে আমাৰ পোহৰ পিয়াসী সত্তা

সূৰ্য্যই যেতিয়া চাহপতীয়া বাটটোৰে বাট বোলাই আহি
সোণালী আভাৰে সোণসেৰীয়া কৰি ৰাখিছিল আমাক
আমি পাহৰি আছিলো এন্ধাৰৰ কথা
পাহৰাই ৰাখিছিল আমাক
পোহৰৰ অনল শিখাবোৰে

আঁহত পাতৰ ফাকেৰে সৰকি অহা
সূৰুযৰ কিৰণ সাৱটি আমি গৈ আছিলো
স্বপ্নৰ অনন্য পৃথিৱীলৈ

সময়ৰো এটা সীমা আছে
এটা নিদিষ্ট কক্ষপথত লক্ষ্যক ধিয়াই ঘূৰি আছে 
সময়ৰ চকৰি

শেষ বুলিয়েই যেতিয়া শেষ হৈ গ'ল
দিনৰ অন্তিমটো ক্ষণ
কৰিবলে বহুতেই থাকিল
সূৰ্যাস্তৰত
এন্ধাৰৰ আবেষ্টনীত সোঁৱৰি আছো
পোহৰে পোহৰাই থোৱা দিনবোৰৰ কথা।।।।

মঞ্জিত হাজৰিকা
ৰজাবাৰী গাঁও
ডাক:- উজনী ৰজাবাৰী
জিলা:- যোৰহাট
অসম
785635
ম'বাইল নং:- 6000709096


পৃষ্ঠা ২০
হোমেন বৰগোঁহাঞি

চাৰিকড়ীয়া স্ৰোতস্বিনীয়ে সিদিনা  বক্ষ উজাৰী ঘোষণা কৰিছিল   
"মই মা হ'লোঁ"।
দুগ্ধেৰে মেটমৰা স্তনযুগল আঁচলেৰে কুচি-মুছি 
আৱাহনী গাইছিল
পুত্ৰক সঞ্জীৱনী পান কৰিবলৈ

চাৰিকড়ীয়াৰ আবেস্তনিত লালিল- পালিত হৈ 
পুত্ৰ হৈ পৰিছিল নোদোকা ঠেঁহ পতা এমাডিমা

পিতৃৰ আছিল  লুতিয়াই পুৰণা কৰা আখৰৰ ডাঙৰী
চাৰিওফালে পকাধানৰ আমোল-মোল
সেউজীয়া, ধল মাছ, কলমৰ কুচকাৱাজ।

লাহে-লাহে এমাডিমাই আখৰ চিনিব পৰা হ'ল
আখৰ জোঁটাই শব্দ কৰে
শব্দই কথা কয়।
এদিন সি কটনলৈ গ'ল
কাম তিনিটা-
সুৰা খায়, জুৱা খেলে, কিতাপ পঢ়ে।
এদিন সুৰাক সত্যলৈ
জুৱাক কলমলৈ
পঢ়াক প্ৰজ্ঞালৈ ৰূপান্তৰ কৰিলে।

সুবালাক পঢ়ি আনক পঢ়ালে
মহাশ্বেতাৰ বিয়াৰ ৰহস্য ক'লে
গ্যেটে, উল্ফ, কাফ্কা, ফ্ৰয়েড, মেক্স, মাৰ্ক্স, আইনষ্টাইন, ৰবীন্দ্ৰক অসমীয়াক দিলে
"বনলতা সেন"ক খেতি কৰিলে
জুৱা খেলত সাপৰ ঝংকাৰ দেখিলে।

মানুহজনে স্বাস্থ্যৰ বাবে দৰৱ খুৱাইছিল
মনৰ বাবে ফুৰাবলৈ নিছিল
ফুলৰ বাবে বাগিছা পাতিছিল
চৰাইৰ বাবে ৰাতিপুৱা দিছিল
সেউজীয়াক দলিছা দিছিল
দুৰ্নীতিক নাহৰফুটুকীৰ চকু।

মানুহজনে সৰুক বৰ কৰিছিল
বৰক সমালোচনা কৰিছিল-
বৰগছ হওক (অভিপ্ৰায়)
মুধাফুটাকো ধমকিয়াইছিল
এমাডিমাকো ঘণ্টাজুৰি সন্ধান দিছিল
জ্ঞান, প্ৰজ্ঞা কৰ্ষণৰ
সেইবাবে তেখেত চিৰ তৰুণ, চিৰ নতুন।

"বন্দুকৰ শব্দত ৰাতি পুৱাইনে
ওহোঁ, পুৱাই সেই চৰাইটোৰ মাতত
যিটো চৰায়ে কুটি খায়  ৰাতিৰ আন্ধাৰবোৰ লাহে- লাহে।" 

মানুহজনৰ অন্তৰীক্ষত জ্বলিছিল কাল পুৰুষৰ তৰোৱাল।
অনেক পৰম্পৰা বিপৰ্য্যস্ত কৰিছিল
প্ৰগতিত যি পৰম্পৰাই বৈছিল হেঙাৰ।
মানুহজনৰ ভৰুণ চকুত দোঁ খাই আছিল
এহেজাৰ এটা তেজী ঘোঁৰা।
অথচ মানুহজন আছিল চাৰিকড়ীয়াৰ সন্তান।

শ্ৰী দেৱজিত শইকীয়া
স্নাতকোত্তৰ প্ৰথম সান্মাষিক,
ডিব্ৰুগড় বিশ্ববিদ্যালয়।

পৃষ্ঠা ২১
তুমি অবিস্মৰণীয় 

তুমি এটি বিষাদেৰে ভৰা শুভ্ৰতাৰ দুস্ত্যজ,
মোৰ নগ্ন কবিতাত লাঞ্চিত হোৱা সুখ-দুখৰ সাম্য। 

পোৱাৰ সম্ভৱহীনতা, তথাপিও বুকুত হেৰুৱাৰ ভয়
অস্তৰ পৰা প্ৰতিকুললৈ গুণবোৰ তোমাতে ব্যয়। 

প্ৰতিটো শৰ্বৰীতে বিষাদবোৰৰ তান উঠে,
মনত ভাহি উঠা স্মৃতিবোৰ ক্ৰমে বাঢ়ে আহে।

তোমাতে লীন হোৱা সংগ্ৰামী জীৱনে বিচাৰে ন্যায়,
তোমাৰ সোঁৱৰণীৰে অঁকা জীৱন চিত্ৰৰ অধ্যায়।।

শব্দাৰ্থ-
দুস্ত্যজ : এৰিবলৈ টান
শৰ্বৰী : নিশা

বিব্ৰত অনুপল মৰাণ
ডিমৰুহোলা, তিনিচুকীয়া
ম'বাইল নং 9365588443


পৃষ্ঠা ২২
সূৰ্য নামি আহে নদীৰ বুকুলৈ

পাৰ খহোৱা নদীৰ বুকুলৈ 
সূৰ্য এটা নামি আহে,
নদীত বসন্ত নামে,
কুলি-কেতেকীয়ে গীত জোৰে,
কেতেকীৰ সুবাসত 
        ছন্দায়িত হয় নদী।

আকাশৰ আজি ভাগৰ লাগি
শুবলৈ আয়োজন !
নিদ্ৰায়িত আকাশে 
         বতাহৰ ঠিকনা জানো পাব ?

হাত কটা গছে
মেলিব নোৱাৰে দুহাত,
নোৱাৰে আলিংগন কৰিব
         ভূমায়িত নিথৰ প্ৰেয়সীক...

জয় পৰা নিলাজী বনে
গগণচুম্বী অট্টালিকাক
নীৰৱে চায়,
ধূলিৰে ধূসৰিত পৃষ্ঠাত
ওলমি ৰয়
        জীৱনৰ অপ্ৰত্যাশিত কলাজ !

জ্যোতিমণি শইকীয়া বৰুৱা
টেকেলা গাঁও,যোৰহাট।

পৃষ্ঠা ২৩
পৃথিৱীৰ পৰিধিৰ সিপাৰে

পৃথিৱীৰ পৰিধিৰ সিপাৰে, 
উৰণীয়া মন মোৰ উৰে আৰু উৰে ।
আকাশ, মহাকাশ, ব্ৰহ্মাণ্ডৰ সীমনাত 
অতৃপ্ত আত্মা পৰমাত্মাৰ বুকুত
 লীন হ'ব খোজে ।
বিষণ্ণ মন, বিক্ষিপ্ত চিন্তা 
ঘূৰি ফুৰে ইয়াত, তাত ইমূৰ-সিমূৰ ।
দিন যায় ৰাতি আহে 
জোন বেলি তৰা নিজ বাটে ঘূৰে, 
কেৱল সময় ঘূৰে অবাটে ।
সময়ৰ গতি কোন দিশে !
আগলৈ নে পাছলৈ !
স্থবিৰ সময়, স্থবিৰ জীৱন, 
ভয়াৰ্ত জনতা জনাৰ্দন ।
খহি পৰে সপোন 
নৈৰ গৰা খহাৰ দৰে,
ঢলি পৰে জীৱন 
এতিয়া অদৃশ্য দানবৰ হাতোৰাত বন্দী 
বিশ্ব মানৱৰ অশ্বমেধৰ ঘোঁৰা ।
তথাপি মন মোৰ উৰে আৰু উৰে, 
মুক্ত বিহংগৰ দৰে, 
আকাশ মাটি আৰু সাগৰৰ সিপাৰে ।।

মনচুমী কলিতা নাথ
মালৌ আলি, যোৰহাট 

পৃষ্ঠা ২৪
ৰাধা কৃষ্ণৰ ভগা জুপুৰি

মোৰ গাঁওলৈ আহিলে
মোক লগ নকৰাকৈ নাযাবা।
দৌল উৎসৱৰ দিনত।

যেনেদৰে কলেজ যোৱাৰ পথত
প্ৰেয়সীক লগ নাপালে,
তোমাৰ চাইকেলৰ পেডেল নুঘূৰে।
অথবা নুঘূৰে,
তোমাৰ গাড়ীৰ চকা।

যেনেদৰে ভাল নালাগে তোমাৰ 
প্ৰতিটো ক্লাছত,
প্ৰেয়সী বহি নাথাকিলে সন্মুখত।

মোৰো ভাল নালাগে জানা,
তোমাক লগ নাপালে সেইদিনা।
মইযে তোমাৰ কৃষ্ণ আৰু ৰাধা।

তোমাৰ বাবেইতো বহি থাকো
ভগা টিনৰ তলত।
প্ৰতিটো দিন
অথবা প্ৰতিটো ৰাতি।

তুমি আহি মূৰ দোৱাই, 
কৈ যোৱা দুখবোৰৰ 
সমাধানৰ বাট কাটি।
   
তোমাৰ ঘৰবোৰৰ দৰেই
মোৰ ঘৰত 
এয়াৰকনডিচন নাই

অথবা নাই হিতাৰ
মোৰ উৱঁলি যোৱা দেহা 
তপতাবলৈ শীতত।

তুমি মোৰ মংগলৰ বাবে দি যোৱা
মোৰ মূৰৰ ওপৰৰ ছাতিটোৰে
মোৰ মূৰটোহে ঢাকে।

কিন্তু তিতি যায় 
বছৰত তুমি 
এবাৰ পিন্ধাই যোৱা
ডেৰ ইঞ্চিৰ কাপোৰখন।

সেইবাবেই চাগে প্ৰতিবছৰে 
মোৰ শৰীৰটোত ফাপৰে ধৰে।

নুধোওঁতে, নুধোওঁতে 
মোৰ গাটো গোন্ধাই
ঘামত তিতি তিতি।

অথবা তুমি পিন্ধাই দিয়া 
যিমান কমতে পোৱা
ডেৰ ইঞ্চিৰ কাপোৰ 
মোৰ দেহত লাগি লাগি

ফাগুনৰ পলাশ ফুলিলে 
মোৰ বৰকৈ মনত পৰে তোমালৈ
তুমি যে এবাৰলৈ
ধোৱাই দিবা মোৰ দেহ
মংগলোচ্চৰণেৰে।

আৰু শুৱাই দিবা
দুদিন পিছতে 
হেঁচি হেঁচি হেকতা খুৱাই 
মোৰ জুপুৰীৰ তলতে।

মোৰ গাঁওৰ দৌল পূজালৈ আহিলে 
মোক লগ নকৰাকৈ নাযাবা 
মই যে ৰৈ থাকো তোমালৈ।

কিজানি দি যোৱা 
মোৰ ঘৰৰ মুধচত এটি ছাতি
মোৰ প্ৰয়োজনীয় 
এটুকুৰা ৰুটিৰ প্ৰতিশ্ৰুতি।।।

কঙ্কণ শৰ্মা

পৃষ্ঠা ২৫
কৃষ্ণচূড়া

কৃষ্ণচূড়া, তোমাৰ ৰঙীয়াল 
পাহিবোৰে কিনো 
কথা কয় 
তুমিতো বুজা  । 
কেতেকী জনীয়ে 
কিয়নো বিনায় 
তুমি জানো জানা !

নন্দন বনত 
ফুল সৰি ৰ'ল 
মোৰ মন শিমলু 
তুলা হৈ 
উৰি উৰি আজি নুৰা হ'ল 

মেঘচ্ছন্ন আকাশত 
বিজুলীয়ে একা - বেঁ‌কাকৈ 
আঁকি যায় বিষাদৰ ছবি

 কৃষ্ণচূড়া
 তোমাৰ পাহিবোৰক তেনেকৈয়ে
 থাকিবলৈ দিয়া 
 হৰ্ষিত হাঁহিত সুখৰ ৰহঘৰা।।।

ডুলু অধিকাৰী           

পৃষ্ঠা ২৬
মৰি মৰি জী উঠা কাহিনীবোৰ

জীয়াই থকাৰ হেঁপাহকণ তোমাতেই উচৰ্গা
এমুঠি প্ৰেমৰ অজুহাতত
মৰি মৰি জী উঠা কাহিনীবোৰ দোহৰাওঁ
তোমাৰেই নামত।
অক্টোপাছৰ দৰে শিপাই যাওঁ
বাৰে... বাৰে...
কাহানিবাই দি যোৱা তোমাৰ সুবাসকণ বিচাৰি

সেয়া যেন কোনোবা প্ৰাচীন শিলৰ বুকুত সোমাই থকা
এটি জীয়া জীৱাশ্মহে !
অভীষ্টগন্ধকৰ দৰে বাঢ়ি অহা মোৰ ভাব-সমুদ্ৰত
থমকি ৰওঁ...
ঠিক মাজৰাতিৰ উচুপনিৰ দৰে।

সভ্যতাৰ প্ৰাচুৰ্য্যত ডুবি ৰোৱা
মই যেন ক্ষয়িঞ্চু সমাজৰ এটি লাউখোলা
চাতকৰ কান্দোনত ভাগি পৰা মোৰ হিয়াখনি
যেন পূৰ্ণিমাৰ পিছ-নিশাৰ জোনটোহে
আৰু তুমি যেন এটি আন্ধাৰ বিনাশী জোনাকী পৰুৱা
জীয়াই থকাৰ হেঁপাহকণ তাতেই বিচাৰি পাওঁ
মৰি মৰি জী উঠা কাহিনীবোৰ আকৌ দোহৰাওঁ।

ইছমাইল হক চৌধুৰী
প্ৰাক্তন ছাত্ৰ, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
ঘৰ: ছয়গাওঁ, টপাৰ পথাৰ
মোবাইল নং : ৯১০১০৮৮৭১৯


পৃষ্ঠা ২৭
ঝংকাৰ

দোভাগ ৰাতিৰ উন্মাদ আকাশত
এয়া কাৰ হিয়া ভঙা বিননি ?
প্ৰবল ধুমুহাত ছিটিকি পৰিছে
দুনয়নৰ অসংখ্য নীৰ।

ৰৈ ৰৈ মই শুনিছোঁ কি ?
আন্ধাৰৰ সুৰত সুৰ মিলাই
কোনোবা অভাগীৰ নিচুকনি গীত,
কাঁহী-বাটিত মৃত্যুৰ ঝংকাৰ।

সেয়া তাইৰ বুকুৰ তেজখিনি
চুহি চুহি ওকালি কাঢ়িছে
জন্মৰ আগতেই নৰক লভি
কংকাল হোৱা সন্তান দুটি
সিহঁতৰ দুচকুৰ লোণখিনি চেলেকিছে
আন এক অৰ্দ্ধনগ্ন শৰীৰে,
হয়তোবা উশাহ প্ৰতি আত্মহত্যা কৰিও
জীয়াই থকা মৃত পিতৃ এগৰাকী।

মিনহাজুল আবেদিন
সত্ৰশাল, ধুবুৰী
দূৰাভাষ- ৮১৩৩০৯০১৫৪

পৃষ্ঠা ২৮
মেড বাই চিনু

পৃথিবীত কোনো সৃষ্টিয়ে দুৰ্বোধ্য নহয়
দুৰ্বোধ্যতা মাথোঁ আমাৰ মানসিকতাত

কণমানি চিনুৰ কথাৰে কবলৈ গলে
বগা কাগজত বুকুৰ শিপাৰে আঁকিব পাৰি
বসন্তৰ এটি গজালি কবিতা
নিপুন চিত্ৰশীল্পৰে আঁকিব পাৰি আকাশ চোৱাৰ বাসনা
দুইহাতৰ প্ৰসাৰণত  সপোনক জীয়াই ৰখাৰ আঁখৰা এইয়া
যাতে সাহসেৰে মুখামুখি হ'ব পাৰি চাক্ষুস-বাস্তৱতাৰ
স্কুললৈ বুলি দেউতাৰ বাইকৰ আগত বহি হেন্দেল খামুচি ধৰাতোত,
আৰু মায়ে  লৈ যোৱা মেলাখনৰ পুতলা গাড়িত বহি ষ্টেয়িং পকৱাতোত 
একেই প্ৰচেষ্টা। যাতে দিশাহীন হৈ নপৰাৰ ।
কেতিয়াবা মা, দেউতা আৰু বাৰ অকনমান টান কথাতে চকুলো ওলোৱা
আৰু তাৰ পাছত  কল্পনাৰ নিখোজ অভিমান এটা
ওঁঠত আঁকি লওঁতেই তেওঁলোকৰ পৰা পোৱা সঁহাৰিৰ হাতত 
মৰম আকুলোৱা হয় সময় 
ফু দি গলাই দিয়া হয় এন্ধাৰৰ তিনিটা গাঁঠিৰ ঠিকনা ।
এদিন যেতিয়া কপাহী বৰফত হাতৰ মুঠিৰে গুজি দিম জয়ৰ নিচান
তেতিয়া তোমাৰ ঘৰৰ আগেৰেই গাড়ীৰে ৰজা হৈ আকাশ চুমি যাম !

[বি:দ্ৰ:-কণমানি চিনুৰ ক্ষেত্ৰত মই সততে ব্যৱহাৰ কৰা শব্দটোৱেই হল-জিনিয়াচ(Genius)]

দীপাংকৰ জ্যোতি বৰা
তৰাজান,যোৰহাট


পৃষ্ঠা ২৯
পথ

স্মৃতিকাতৰ এটি পথ 
য'ত ওলমি ৰ'ল মোৰ যৌৱন
জীৱনৰ প্ৰথমটো প্ৰাপ্তি 
মিঠা অনুভূতি
য'ত পৰি ৰ'ল মোৰ নিলিখা সতেজ ডায়েৰীৰ পাত।

ব্যস্ত পথটি
আজি নিৰৱ নিস্তব্ধ 
অত বসন্ত‌ গুচি যোৱাৰ পিছত
সেউজীয়াৰ প্ৰেমিকজনো
আজি সৰাপাতৰ লগৰি।

এটি পথ
দুয়োকাষে ওলমি ৰোৱা
অকথিত প্ৰেমৰ কাহিনী
ভেলৌ গছবোৰ আমাৰ সাক্ষী
অপ্ৰাপ্তিৰ জীপাল স্মৃতি।


এটি পথ
তাহানিতে এৰি অহা কালজয়ী স্মৃতি
হয়তো আজিও জীপাল তাৰ বাবে
মোক লগ পালেই ইতিহাস লুটিয়াই
শুকান পাতৰ ৰস উলিয়াবলে ।
 

এই পথ 
হয়তো কেৱল পথ নহয়
বহুতৰ অংকুৰিত যৌৱন অনন্য দস্তাবেজ
আবেগিক নষ্টালজিয়া।

শংকৰ ৰেগন
ফোন নং 8486095954

পৃষ্ঠা ৩০
বিড়ম্বনা

জয়াল ৰাতিটোৰ দৰেই
নিমাও-মাও 
পোহৰৰ সময়বোৰো

কৰবাৰ পৰা আহে
ফেঁচাটোৰ 
গগনফলা চিঞৰ
মানুহৰ মূখে মূখে
মৃত্যু দূতৰ
পদচিহ্ন

দালানবোৰৰ পৰা 
মূখ উলিয়াই
বহি থাকে
নিৰ্জনতা
ঘৰখন 
মৰিশালি হৈ থাকিল ।

নিৰ্মালী মহন্ত
যোৰহাট

পৃষ্ঠা ৩১
অচিন চিনাকি

পুৱাৰ চঞ্চল বতাহজাকে
 দি যায়  মোক 
তোমাৰেই সুগন্ধি !

আকাশত ওলমি থকা ডাৱৰবোৰেও যেন 
দি যায় তোমাৰ বতৰা ...

চঞ্চল বতাহজাকে দি যোৱা সৰাপাতৰ শব্দটো 
শুনা পাওঁ যেন 
তোমাৰেই ধ্বনি ...

পাহাৰৰ দুগালেদি বৈ অহা নিজৰাতো
বিচাৰি পাওঁ তোমাৰ স্থিতি ...

বেদনাৰ সাগৰত আকণ্ঠ ডুবি হাহাকাৰ কৰি থকা 
মনৰ মাজতো তুমি !

সকলোতে দেখোন তুমি আৰু তুমি ...
তথাপিও যেন তুমি অচিনাকি 
যেন ...
তুমি মোৰ অচিন চিনাকি !

তুলুমণি বৰুৱা
ইটানগৰ, অৰুণাচল প্ৰদেশ।

পৃষ্ঠা ৩২
ব্যাধি

মই অকলে নহয় বহুত
নহয় এজন মই হাজাৰ 

কৃষক মই খাব নোপোৱা গুলী খোৱা
কৃষক মই চিপ লোৱা ৰৈ থকা গৈ থকা 
কৃষক মই শেষ হোৱা বাছি থকা মৰি যোৱা 

মই অকলে নহয় বহুত
নহয় এজন মই হাজাৰ 

মাটি মই পৰি থকা কাঢ়ি নিয়া ক্ৰয় কৰা
মাটি মই পুতি থোৱা কবৰ দিয়া চিতা সজা

মাটি মই  ভূমি মই  দেশ আৰু জাতিৰ 
মাটি মই  ভেটি মই  কাল আৰু গতিৰ 

ৰুটি মই ভোক মই  
আকাল অভাৱ অনাটন 

তেজ মই  মান  গান পাহাৰ   ভৈয়ামৰ
ঘাম মই   ধান   বান  পথাৰ   সমাৰৰ 

হাঁহি মই ঘুমটি মই
সপোন শান্তি সভ্যতা 

মই অকলে নহয় বহুত
নহয় এজন মই হাজাৰ ৷
 
এলাগী মই   অস্থায়ী   অবাক   হতবাক
অস্তিত্ব মই   ভূত    ভৱিষ্যত    বৰ্তমান

মই অকলে নহয় বহুত
নহয় এজন মই হাজাৰ ৷

কবি মই এই দেশ এই মাটি এই জনতাৰ
কবি মই ত্ৰিকাল ত্ৰিলোক সৰ্বহাৰাৰ 

কলম মই শব্দ শক্তি আখৰ 
চিয়াঁহী মই ৰুদ্ধ স্তব্ধ উন্মুক্ত 

এশ পঁচানব্বৈৰ আৰ্তনাদ
মই অকলে নহয় বহুত 
নহয় এজন হাজাৰ

পুলেন ৰাজ ডেকা
নলবাৰী, ভ্ৰাম্যভাষ : ৯১০১৪০৯৪৮৬

পৃষ্ঠা ৩৩
অনুভৱঃ

ৰোমন্থন : মাতৃ হোৱাৰ প্রথম অনুভৱ

শর্মীষ্ঠা বর্মন

          মা নাইবা মাতৃ শব্দটো যিমানেই সংক্ষিপ্ত , সিমানেই বিশাল তাৰ ভাবার্থ ৷ ব্যক্তি এগৰাকী যিমান ডাঙৰ নহওক কিয় ; অকণমান কিবা এটা হ'লেই নাইবা শৰীৰত সৰু-ডাঙৰ যিকোনো ধৰণৰ দুখ বা আঘাত পালেই মুখৰ পৰা "আই ঔ" , " অ মা" বুলি আপোনা-আপুনি ওলাই পৰে ৷ তদুপৰি বহুতৰ ক্ষেত্রত সাধাৰণতে কোনো কথাৰ সত্যতা প্রমাণ কৰিবলৈকো "মা কচম" বা "আই শপত" বুলি উচ্চাৰণ কৰা দেখিবলৈ পোৱা যায় ৷ 
কেৱল সেয়েই নহয় , ব্যক্তি এজন যিমান বয়সৰে নহওক কিয় , মাকৰ কাষত গৈ পোৱাৰ লগে লগে অকণমান কেঁচুৱাটিৰ দৰে হৈ পৰে ৷ অৱশ্যে বহুতে সেই অনুভৱ মুখমণ্ডলত পৰিস্ফুট হ'বলৈ নিদিয়ে ৷
            প্রতিজন ব্যক্তিৰ বাবে "মা" যেন এক নিৰাপদ আশ্রয়স্থল ৷ কিন্তু দুখৰ বিষয় এই "মা" শব্দৰ মর্ম আমি সহজতে বুজি নাপাওঁ ৷ বহুতে নিজৰ জন্মদাত্রী জননীকে বৃদ্ধাৱস্থাত প্রতিপাল কৰিব নোৱাৰি বৃদ্ধাশ্রমলৈ পঠিয়াই দিবলৈ কুণ্ঠাবোধ নকৰে ৷ অথচ তেনে ব্যক্তিৰো শৰীৰত বা মনত আঘাত পালে "অ মা " বুলি অজানিতে মুখৰ পৰা ওলাই যায় ৷ অৱশ্যে আমিও প্রকৃত অর্থত মাকৰ মর্ম বা কষ্ট বুজিবলৈ চেষ্টা নকৰোঁ বা বুজিলেও বৰ পলমকৈহে বুজোঁ ৷ মই যেতিয়া প্রথমবাৰ নিজৰ সন্তানৰ মাক হৈছিলোঁ , তেতিয়াহে কিছু পৰিমাণে মাৰ কষ্ট অনুভৱ কৰিছিলোঁ ৷ ইয়াৰ আগত মাৰ কষ্ট অনুভৱ কৰিব পাৰিছিলোঁ বুলি ক'লে ডাঙৰ ভুল কৰা হ'ব ৷ 
        ২০০৬ চনৰ ২০ জুনৰ দিনা মই পুত্র সন্তান লাভ কৰিছিলোঁ ৷
        মোৰ সন্তানটি সেই সময়ত মোৰ মা-দেউতাৰ প্রথম নাতি বা নাতিনী হ'ব ৷ গতিকে তেওঁলোক অসমৰপৰা মাজু মাহীহঁতৰ পৰিয়ালৰ লগত সদলবলে দিল্লীলৈ আহিবলৈ সাজু হৈছিল ৷ যথাসময়ত ৰে'লৰ টিকট কৰিবলৈকো নেৰানেপেৰাকৈ চেষ্টা কৰি আছিল ৷ কিন্তু সেই সময়ত বানপানীৰ প্রকোপ শিলচৰত বৰ বেছি পৰিমাণে পৰিছিল , সেইবাবে তেতিয়া সকলো ধৰণৰ যাতায়াত বন্ধ  আছিল ৷ 'ডেলিভাৰী'ৰ আগে আগে মাহঁত দিল্লী আহি নাপাব বুলি মই ভালদৰে গম পাই গৈছিলোঁ ৷ প্রসৱ পর্বৰ বেদনা যদিও তেতিয়ালৈ অনুভৱ কৰা নাছিলোঁ , তথাপিও সেয়া যে দুর্বিসহ সেই কথা ভালদৰে জানিছিলোঁ ৷ সঠিক সময়ত মাক কাষত নাপাম বুলি ভাবি মোৰ মনত ভয় সোমাল ৷ আনহাতে মোৰ পুত্রসন্তান নির্ধাৰিত সময়তকৈ সোতৰ দিনে পূর্বে ভূমিষ্ঠ হ'ল ৷ তেতিয়ালৈকে মাহঁত যেনে-তেনে শিলচৰৰ পৰা গুৱাহাটীলৈ আহি পাইছিল ৷ মোৰ 'ডেলিভাৰী' হৈ যোৱা বুলি আনন্দ প্রকাশ কৰিলে যদিও মা মোৰ কাষত থাকিবলৈ নাপাই ছটফটাবলৈ ধৰিছিল  আৰু ডেলিভাৰীৰ ঠিক পাঁচদিনৰ পাছত দিল্লী আহি পোৱাকৈ তেওঁলোকে বন্দবস্তও কৰিছিল ৷ 
          আনহাতে সন্তান প্রাপ্তিৰ পাছত মাতৃ হোৱাৰ আনন্দত মুহূর্ত্ততেই যেন মোৰ মনত অপাৰ আনন্দ , অপাৰ মৰম-চেনেহ আৰু দেহত অপাৰ শক্তিৰ উদয় হ'ল ৷ মাতৃ হোৱাৰ পূর্বেও সেই উপাদানবোৰ লগত আছিল যদিও মাতৃত্ব লাভৰ পাছত সেই উপাদানবোৰ এক অভিন্ন শক্তিশালী ৰূপত দেখা দিছিল ৷ সেই সময়তহে ভালদৰে অনুভৱ হ'ল মাৰ কষ্টবোৰ ৷ ইমান দিনে কেৱল জানিছিলোঁ যে মায়ে আমাক জন্ম দিছে আৰু আমিও নিজে নিজে ডাঙৰ হৈছোঁ ৷ নিজে যেতিয়া মাতৃ হ'লোঁ , তেতিয়াহে বুজিলো মায়ে আমাক কিমান কষ্ট কৰি জন্ম দিছিল ৷ কিন্তু সেই বিষয়ে তেওঁ আমাক কোনোদিনে জানিবলৈকো দিয়া নাছিল ৷ নিজে যেতিয়া যমৰ লগত যুঁজি আহিলো তেতিয়াহে বুজিলো মায়ে আমাৰ বাবে কৰা কষ্টবোৰ ! আৰু তেতিয়াহে যেন নিজৰ মাতৃৰ প্রতি প্রকৃত শ্রদ্ধা আৰু মৰম ওপজিল ৷ ইমান দিনে ভাবিছিলো এনেয়ে আপোনা-আপুনি সংসাৰখন যেন চলি আছিল ! 
            মোৰ ডেলিভাৰীৰ ঠিক পাঁচদিনৰ পাছত মাহঁত আহি পালে ৷ মাক নিজৰ ওচৰত পাই মই যেন পুনৰ সেই কণমানি ছোৱালীজনীয়ে হৈ পৰিলোঁ ৷ মাৰ মুখখন দেখাৰ লগে লগে মুখেৰে একো নক'লেও মনেৰে মাক মোৰ কষ্টৰ কথাবোৰ একে আষাৰতে কৈ দিলোঁ ৷ মায়েও মোৰ মনৰ ভাষা বুজি পাইছিল ৷ অথচ মায়েও তেনেধৰণৰ দৈহিক কষ্ট প্রসৱ বেদনাৰ সময়ত অনুভৱ কৰিছিল , কিন্তু নিজৰ জীয়ৰীৰ বেলিকা তেওঁ মনে মনে ভাবিছিল , ' মাজনীয়ে জানো সহ্য কৰিব পাৰিছিল সেই কষ্ট ...' ৷ আনহাতে মই মাৰ সন্মুখত এজনী কণমানি ছোৱালী হৈ পৰিলেও নিজৰ সন্তানৰ মুখখন দেখাৰ লগে লগে পুনৰ শক্তিশালী মাতৃ এজনী হৈ পৰোঁ ৷ কেনে এক বিচিত্র অনুভৱ !
           ডেলিভাৰীৰ দহ-পোন্ধৰ দিনৰ পাছত মই  কেঁচুৱাটিক ভালদৰে গাখীৰ খুৱাব নোৱাৰা হৈ পৰিছিলোঁ ৷ বিষ অনুভৱ হ'বলৈ ধৰিছিল ৷ মায়ে কষ্ট কৰি বিষ সহ্য কৰি হ'লেও খুৱাবলৈ যত্ন কৰিবলৈ ক'লে ৷ নহ'লে হেনো বেছি কষ্ট পাম ৷ তেওঁ কোৱাৰ দৰে মই কৰিবলৈ চেষ্টা কৰি গ'লোঁ আৰু সেইবাবে বৰ বিশেষ অসুবিধাৰ সন্মুখীন নহ'লোঁ ৷ কিন্তু সেই সময়ত মাৰ পৰা এটি ৰহস্যৰ সম্ভেদ পালোঁ , যিয়ে নেকি মোক মাৰ প্রতি আৰু বেছিহে মৰম জগাই তুলিছিল ৷ মোৰ জন্মৰ পাছতো মায়েও হেনো গাখীৰ খুৱাব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছিল ৷ তেৱোঁ মোৰ আইতা নাইবা তেওঁৰ নিজৰ আইতাকক কথাষাৰ ভালদৰে কোৱা নাছিল ৷ সেইবাবে লাহে লাহে তেওঁৰ কষ্ট বেছি হ'বলৈ ধৰিছিল ৷ 'ইনফেকচন' বাঢ়ি যেতিয়া তেজ-পূঁজ ওলাবলৈ ধৰিল তেতিয়া তেওঁৰ শাৰীৰিক কষ্ট ইমানেই বাঢ়ি গৈছিল যে তেওঁৰ প্রস্রাৱ বন্ধ হৈ গৈছিল ৷ তেতিয়াহে ঘৰৰ লোকে বিষয়টো ভালদৰে গম পাইছিল ৷ মাৰ আইতাকে হেনো নার্জিফুলৰ পাত ছিঙি আনি পটাত পিহি তলপেটত লেপ সানি দিছিল ৷ তাৰ পাছত মাৰ প্রস্রাৱ মুকলি হৈছিল ৷ তেতিয়াৰ দিনত গাওঁত সহজতে ডাক্তৰ পোৱা সহজ কথা নাছিল ৷ ঘৰুৱা চিকিৎসাই মানুহৰ উত্তম সাৰথী আছিল ৷ পিছদিনা পুৱা চিকিৎসকক দেখুওৱা হৈছিল ৷ আৰু লাহে লাহে মাৰ শাৰীৰিক কষ্টৰ উপশম হ'বলৈ ধৰিছিল ৷ যিয়ে নহওক , মায়ে মোক সেই সময়ত তেওঁৰ নিজৰ অভিজ্ঞতা ব্যক্ত কৰাৰ একমাত্র কাৰণ আছিল মোৰ সাহস যোগোৱা ৷ মই যাতে ভাঙি নপৰোঁ আৰু সেই পর্যায়লৈ যাবলগীয়া নহয় তাৰ বাবেই মায়ে মোক বাৰে বাৰে সাৱধান কৰি আছিল আৰু তেওঁ কোৱাৰ দৰে কৰি যাবলৈ কৈছিল ৷ মাৰ কথাবোৰ শুনি মোৰ মনোবল বৃদ্ধি হোৱাটো হৈছিলেই , কিন্তু মাৰ এই অব্যক্ত বেদনাৰ অধ্যায়টো জানিবলৈ পাই মনটো সেমেকি উঠিছিল ৷ আজি মই নিজে তেনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ বুলিহে এই কথাবোৰ জানিব পাৰিলোঁ ৷ এনেকুৱা নিশ্চয় আৰু বহু অব্যক্ত কথা আছে , তিতা-কেঁহা অভিজ্ঞতা আছে , আমাক জন্ম দিওঁতে বা ডাঙৰ কৰোঁতে পদে পদে কিমান যে সংঘাতৰ সন্মুখীন হৈছিল চাগৈ ! মই যিদিনা নিজে মাতৃ হ'লোঁ সেইদিনা নিজে মাতৃ হোৱাৰ অনুভৱতকৈ মাৰ বিষয়ে প্রকৃততে তেতিয়াহে বহু কথা উপলব্ধি কৰিবলৈ ধৰিলোঁ ৷ এই পৃথিৱীৰ আটাইতকৈ সহনশীল জীৱ যে এই "মা"হঁত সেই কথা হয়তো নিজে মাক হোৱাৰ আগত অকণো অনুভৱ কৰা নাছিলোঁ ৷ সেয়েহে কোৱা শুনিছোঁ , এই পৃথিৱীত সকলো ঋণ পৰিশোধ কৰিব পাৰি , কিন্তু মাকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ৷

পৃষ্ঠা ৩৪
মনৰ কথাৰে...
জীৱন আৰু কিছু বেবেৰিবাং চিন্তা

"জীৱন জীৱন বৰ অনুপম" এই কথাষাৰ সাৰোগত কৰিয়েই আমি প্ৰত্যেকেই আগবাঢ়ি গৈছো৷ কোনোবা হয়তো লক্ষ্যত উপনীত হৈছে আন কোনোবাই বিফলতাৰ ক’লা চাদৰ মেৰিয়াই লৈছে৷ আমিবোৰ দৌৰিছো মাথোঁ দৌৰিছোঁ৷ সোণ হৰিণৰ চেঁকুৰত হয়তো মানৱীয়তা, আবেগ ভূ-লুণ্ঠিত হৈছে ৷ ধন সৰ্বস্ব জীৱনৰ মোহত বলীয়ান হৈ নিজস্বতা যেন কেতিয়াবাই বিসৰ্জন দিছো৷ ধন সৰ্বস্বতাই বিলাসী দালান, বিলাসী হোটেলৰ ভিন্নতা আনি দিব পাৰিছে৷ কিন্তু আমি প্ৰকৃততে কিমান সুখী ?
          সুখী হোৱাৰ অভিনয়েই কৰি থকা নাইনে ? সুখী হোৱাৰ অভিনয় আৰু কিমান দিনলৈ ? একো একোখন মুখা পিন্ধি পাৰ কৰিছো দিন-ৰাতিবোৰ৷ আদৰ্শৰ সংঘাত যদিও মাত মাতিব পাৰিছো জানো ? সত্যৰ প্ৰমাণ লাভ কৰিও আমি চকুমুদা কুলিৰ ভাও দিছো৷ প্ৰত্যেকেই একো একোজন সুনিপুণ ভাৱৰীয়া৷ কি প্ৰয়োজনত এই ভাওনা ? এইবাবেই যে সমাজত আগশাৰীৰ ব্যক্তিৰূপে পৰিচয় হেৰুৱাৰ ভয় ! ভদ্ৰতাৰ মুখা খোল খোৱাৰ ভয়ে যে কাবু কৰি ৰাখে সেইবাবেই এই মহা আয়োজন ? নিজকে ঢাকি ৰাখি এনেদৰে আমি নিজস্বতা বজাই ৰাখিব পাৰিম জানো ? মৌনতাই জানো প্ৰত্যেক সমস্যাৰ উত্তৰ হৈ ৰ’ব ? গতানুগতিক আদৰ্শৰ বাণীত আমি পাৰিম জানো নিজস্ব চিন্তাধৰা বিসৰ্জন দিব ? ক্ষোভবোৰ আৰু বুকুত কিমান দিন বোজা হৈ ৰ’ব ? আমাৰ আশা, সপোন, বাস্তৱ আৰু প্ৰহেলিকাৰ চক্ৰবেহুত জীৱনতো নিঃশেষ হৈ যাবলৈ দিয়াৰ আগ্ৰহ নাই৷
ক্ষোভবোৰ বিস্ফোৰণ হোৱাৰ আগতেই এয়া মাৰ বান্ধি থিয় হোৱাৰ সময় জীৱনতো সুন্দৰ কৰাৰ৷ এয়া সময় সৃষ্টিৰ সেন্দুৰীয়া বাটেৰে নতুন দিগন্ত স্পৰ্শ কৰাৰ৷ এয়া সময় জোনাক বোটলাৰ৷ মুঠি মুঠি ৰূপোৱালী  জোনাকৰ সন্ধানত অগ্ৰসৰ হোৱা পোহৰ সন্ধানী যোদ্ধাসকল৷ খুলি দিয়া মনৰ বন্ধ দুৱাৰ৷ জীপাল কৰা পৃথিৱীখন কিছু সোণাৰুবুলীয়া হাঁহিৰে৷

আকাংক্ষা বৰা
স্নাতকোত্তৰ প্ৰথম ষান্মাষিক
নাৰী অধ্যয়ন কেন্দ্ৰ,             
ডিব্ৰুগড় বিশ্ববিদ্যালয় 

পৃষ্ঠা ৩৫
বিশেষ একলমঃ
কাজিৰঙা

মোৰ বিশ্ববিদ্যালয়ৰ লগৰীয়া সকলে প্ৰায়েই  মোৰ পৰা  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে জানিবলৈ বিচাৰে । যিহেতু মোৰ গৃহ জিলাতে এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। সেয়ে মই যিদৰে পাৰো তেওঁলোকক উদ্যানখনৰ বিষয়ে বৰ্ণনা কৰোঁ আৰু নিমন্ত্ৰণ জনাও উদ্যানখন চাবলৈ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা ভাগ যিহেতু নগাঁৱত অৱস্থিত । গতিকে উদ্যানখনৰ সুৰক্ষা দিয়াৰ দায়িত্ব কলিয়াবৰ মহকুমা আৰক্ষীৰ হাতত থাকে । বৰ্তমান কলিয়াবৰ মহকুমাৰ , মহকুমা আৰক্ষী বিষয়া হিছাপে অসম আৰক্ষী সেৱাৰ বিষয়া শ্ৰী মৃন্ময় দাস ডাঙৰীয়া নিয়োজিত । যথেষ্ট ভদ্ৰ , জনপ্ৰিয় বিষয়াজনক বহু বাৰ ওচৰৰ পৰা পাবলৈ সক্ষম হৈছিলো। মোৰ লগৰীয়া সকলে সুধি থাকে বাবে মোৰ নিজৰো উদ্যানখনৰ বিষয়ে জানিবলৈ আৰু মন গ'ল । আৱেলি মৃন্ময় চাৰক ফোন কৰি তেওঁৰ পৰা  অলপ সময় বিছাৰিলো আৰু তেওঁ সদায় কোৱাৰ দৰে আজিও  ক'লে " অংকুৰ আহিব " । তেওঁক দেওবাৰ এটাত সাক্ষাৎ কৰিলো আৰু তেওঁক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে কিছু প্ৰশ্নও সুধিলো। তাৰেই দুটামান প্ৰশ্ন আৰু তেওঁৰ উত্তৰ আপোনালোকৰ বাবে লিখিছোঁ। 
১. কাজিৰঙা সুৰক্ষাৰ বাবে আপোনালোকে কি দৰে কাম কৰে ?
উত্তৰ :-  বৰ্তমান সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সম্পূৰ্ণ ৰূপে সুৰক্ষিত বুলি মই ভাবোঁ কাৰণ এতিয়া গঁড় হত্যা সম্পূৰ্ণ ৰূপে উদ্যানখনত বন্ধ। উদ্যানখনৰ সুৰক্ষাৰ স্বাৰ্থত আমি দিন ৰাতি পহৰাৰ ব্যৱস্থা কৰিছোঁ।  পূৰ্ণিমা নিশা আমি ইয়াত আৰু অধিক আৰক্ষী নিয়োজিত কৰোঁ যাতে নিশা পোহৰৰ সুযোগ লৈ কোনো চোৰাং চিকাৰী উদ্যানৰ ভিতৰত সোমাব নোৱাৰে আৰু ঠিক এনেকুৱা বিভিন্ন নতুন নতুন কৌশল আৰু পদ্ধতিৰে আমি কাজিৰঙাখন সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰোঁ । 

২. উদ্যানখনৰ কাষত থকা গাওঁ সমূহৰ বিষয়ে জানিব বিচাৰোঁ ।
উত্তৰ :- গাওঁসমূহৰ মানুহবোৰে আমাক যথেষ্ট সহযোগ কৰে । মই ক'ব বিচাৰিম " নতুন দাংগা " নামেৰে এখন গাঁৱৰ কথা যিখন গাঁৱত বৰ্তমান প্ৰতি ঘৰ স্বভালাম্বি হৈ এখন সুস্থ নিকা সমাজত বাস কৰি আছে । তেওঁলোকে অতিথি সকলক সুন্দৰকৈ  আপ্যায়ন কৰে আৰু লগতে গাঁৱখনৰ প্ৰাকৃতিক পৰিৱেশ যথেষ্ট ধুনীয়া । আন্তঃৰাষ্ট্ৰীয় স্তৰৰ অতিথি সকলেও এই গাওঁসমূহ পৰিদৰ্শন কৰিছে । 

 এইদৰে বিভিন্ন বিষয়ত উদ্যানখনৰ বিষয়ে জানিব পাৰি অৱশেষত তেওঁৰ পৰা বিদায় ল'লো। পাঠক বন্ধু সকল কাজিৰঙা কেৱল এখন ৰাষ্ট্ৰীয় উদ্যানেই নহয়। ই আমাৰ গৌৰৱ। গতিকে আমি উদ্যানখনৰ উন্নতিৰ বাবে চিন্তা কৰাৰ লগতে ইয়াৰ ধ্বংসকাৰী অপশক্তিৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজ দিওঁ আহক।

শ্ৰী অংকুৰ কলিতা
গণ মাধ্যম আৰু সাংবাদিকতাৰ ছাত্ৰ
ভ্ৰাম্যঃ ৬০০২১৪৭৫৪৯

পৃষ্ঠা ৩৬
ভ্ৰমন কাহিনীঃ ১৫
তিৰুপতি

শৰ্মীষ্ঠা বৰ্মন, দিল্লী

পুৱতি নিশাতে আমি আটায়ে উঠি নিত্য-কর্ম কৰি  গা-পা ধুই ভাৰতীয় জাতীয় সাজ-পাৰ পৰিধান কৰিলোঁ ৷  পূর্বৰে পৰাই আমাৰ  'ট্রেভেল এজেণ্ট'গৰাকীয়ে আমাক ভাৰতীয় জাতীয় সাজ-পাৰ , যেনে ; পুৰুষসকলে চুৰিয়া-চোলা অথবা লুঙ্গি পৰিধান কৰিব লাগিব তথা মহিলাসকলে শাৰী নাইবা চেলুৱাৰ কামিজ পৰিধান কৰিব লাগিব বুলি অৱগত কৰি থৈছিল ৷ ( জিন্স পেণ্ট নাইবা পেণ্ট জাতীয় বস্ত্র পৰিধান কৰা নিষেধ বুলি আমাক জনাই থৈছিল ) ৷ আগনিশা আমি Marina Beach ৰ পৰা চুলিত লগাবলৈ ফুলৰ মালা অথবা 'গজ্রা' কিনি আনিছিলোঁ ৷ আমি প্রত্যেকগৰাকী মহিলাই চুলিত ফুলৰ মালা আঁৰি লৈছিলো , আনকি আমাৰ ন' বছৰ বয়সীয়া ছোৱালীজনীৰ চুলিখিনিতো 'গজ্রা' লগাই দিছিলোঁ ৷ তেতিয়া আমি নিজকে দক্ষিণ ভাৰতীয় মহিলা যেনহে অনুভৱ কৰিছিলোঁ ৷ 
             আমি আটায়ে সাজি-কাছি 'কালী কোভিল'ৰ দুৱাৰ মুখত ৰ'লোঁগৈ ৷ তাৰ পৰাই আমি আগৰে পৰা ঠিক কৰি থোৱা গাড়ীখনত উঠি 'তিৰুপতি'লৈ যাত্রা কৰিম ৷ 
          বাহিৰত তেতিয়াও ভালদৰে পোহৰ হোৱাই নাছিল ৷ এন্ধাৰ আৰু পোহৰৰ সন্ধিক্ষণত আমি গাড়ীখনৰ অপেক্ষাত ৰৈ থাকোতে দেখা পালোঁ 'কালী কোভিল'ৰ কাষত থকা ঘৰবোৰৰ দুৱাৰমুখ আৰু নঙলামুখত ঘৰৰ তিৰোতা সকলে কিবা কিবি কৰি আছে ৷ ভালদৰে পোহৰ নোহোৱা বাবে চকুৰে ভালদৰে মণিব পৰা নাছিলোঁ ৷ কাষলৈ গৈ দেখিলোঁ বিভিন্ন ৰঙৰ গুৰিৰে তেওঁলোকে 'ৰঙ্গোলী' আঁকি আছে ৷ নাৰীসকলে পুৱা গা-পা  ধুই ঘৰৰ বাহিৰে-ভিতৰে 'ৰঙ্গোলী' অঁকা দক্ষিণ ভাৰতীয় পৰম্পৰা ৷ আমি কেবাঘৰৰ নঙলামুখৰ ৰং-বিৰঙৰ 'ৰঙ্গোলী' চাই চাই আপ্লুত হৈছিলোঁ ৷
          অলপ পাছতেই আমি 'তিৰুপতি'লৈ লৈ যাবলৈ অহা গাড়ীখনত উঠি বহিলোঁ ৷ বয়সীয়ালসকল আগৰ ফালে বহিল আৰু কম বয়সীয়া সকল পিছফালে বহিল ৷ আমিও পিছফালে কম বয়সীয়াৰ শাৰীতে বহিলোঁগৈ ৷
             প্রায় দেৰঘণ্টামানৰ পাছত কোনো এঠাইত চাহ-জলপানৰ বাবে আমাৰ গাড়ীখন ৰখালে ৷ গাড়ীৰ চালকজনে আমাক সসন্মানেৰে গাড়ীৰ পৰা নমাই 'ৰেষ্টুৰেণ্ট' এখনৰ ভিতৰলৈ লৈ গ'ল ৷ আথে-বেথে বহুৱালে , নিজে খোৱাৰ 'অর্ডাৰ' লৈ ভিতৰলৈ গ'ল ৷ আমি দক্ষিণ ভাৰতীয় খাদ্যৰ 'অর্ডাৰ' দিলোঁ ৷ খাই থাকোতেও সোধ-পোছ কৰিলে ৷ আমাৰ ছোৱালীজনীয়ে দক্ষিণ ভাৰতীয় খাদ্য খাবলৈ ভাল নোপোৱা দেখি তাইৰ বাবে উত্তৰ ভাৰতীয় খাদ্যৰো ব্যৱস্থা কৰি দিলে ৷ গাড়ী চালকজনৰ লগতে 'ৰেষ্টুৰেণ্ট'ৰ কর্মচাৰী সকলোৰে আতিথ্যত আমি মুগ্ধ হ'লোঁ ৷ 
          পুনৰ গাড়ীখনত সকলো বহি পৰিলোঁ ৷ গাড়ীখন চলোৱাৰ লগে লগে চালকজনে মহিলা সকলক উদ্দেশ্য কৰি এটি বিশেষ অনুৰোধ কৰিলে ৷ তেওঁ ক'লে যে মন্দিৰ গৈ পোৱাৰ লগে লগে মহিলাসকলে চুলিৰ পৰা ফুলৰ মালাবোৰ খহাই থ'ব লাগিব ৷ আমি আচৰিত হ'লোঁ ! দক্ষিণ ভাৰতীয় মহিলাসকলৰ চুলিত সচৰাচৰ ফুলৰ মালা আঁৰি লোৱা দেখা পাওঁ ৷ সেইবাবে আমিও 'দেশ চাই ভেশ ' ধৰিছিলোঁ ৷ কিন্তু এতিয়া আমাক মন্দিৰ গৈ পোৱাৰ লগে লগে ফুলৰ মালাবোৰ খুলিবলৈহে ক'লে ! তাৰ কাৰণ সোধোতে চালকজনে আমাক জনালে যে মন্দিৰৰ ভিতৰলৈ গ'লে বিগ্রহৰ প্রতি শ্রদ্ধা আৰু সন্মান প্রদর্শন কৰিবলৈ হেনো তেনে কৰা হয় ৷ কথাষাৰ গম পোৱাৰ লগে লগেই আমি চুলিৰ পৰা ফুলৰ মালা খুলি নিজৰ নিজৰ 'বেগ'ত ভৰাই থ'লোঁ ৷ মনে মনে লাজো লাগিল ৷ ইমান সময় চুলিত ফুলৰ মালাবোৰ আঁৰি যি গর্ব অনুভৱ কৰি আছিলোঁ , সেয়া হঠাতে লাজৰ কথা যেনহে লাগিল ৷ এই কথাষাৰ চালকজনে আমাক আগতেও ক'ব পাৰিলেহেঁতেন ! পিছে আমি চুলিত 'গজ্রা' লগাই যি আনন্দৰ অনুভৱ কৰিছিলোঁ সেয়া হয়তো চালকজনে উপলব্ধি কৰিব পাৰিছিল ৷ আৰু সেই কাৰণেই হ'বলা তেওঁ কথাষাৰ পলমকৈ কৈছিল ৷ যি কি নহওঁক সময় থাকোতে নোকোৱাহেঁতেন আমি পাছত বেছিকৈহে লাজ পালোঁহেঁতেন ! 
প্রায় চাৰে তিনি ঘণ্টামানৰ পাছত আমি 'তিৰুমালা তিৰুপতি দেৱস্থানম'ত  উপস্থিত হৈছিলোঁগৈ ৷ 
       অন্ধ্র প্রদেশৰ Chittoor জিলাৰ 'তিৰুমালা' নামৰ পাহাৰত অৱস্থিত এই মন্দিৰ 'ভেঙ্কেটেশ্বৰ' নামেৰেও জনাজাত ৷ 'ভেঙ্কেটেশ্বৰ' অর্থাৎ বিষ্ণুৰ অৱতাৰ ৷ 'তিৰুমালা' পাহাৰৰ ৮৫৩ মিটাৰ উচ্চতাত এই মন্দিৰ অৱস্থিত ৷ 'তিৰুমালা' পাহাৰ হৈছে 'শেষাচলম'(Seshachalam) পর্ব্বতমালাৰ অংশবিশেষ ৷ 'তিৰুমালা'ৰ পাহাৰত আন কেবাটাও মঠ-মন্দিৰ আছে ৷ ইয়াৰ ভিতৰত মুখ্য হৈছে 'ভেঙ্কেটেশ্বৰ' মন্দিৰ ৷ দ্রাবিড়ীয় পুৰাতাত্বিক শৈলীৰে নির্মিত এই মন্দিৰ বহু বছৰ পুৰণি আৰু বিখ্যাত ৷ ইয়াৰ দর্শন পাবলৈ হেজাৰ হেজাৰ লোকে বহুদিনৰ পৰা অপেক্ষা কৰি থাকে ৷ শুনামতে ইয়াত দর্শনার্থীসকলৰ বহুত ভীৰ হয় ৷ বহু অপেক্ষাৰ পাছতহে মন্দিৰ দর্শন কৰিবলৈ পোৱা যায় ৷ ভক্তসকলৰ আস্থা বজাই ৰাখিবলৈ নতুন দিল্লীৰ 'বিড়লা' মন্দিৰ তথা 'কালী বাড়ী'ৰ আশে পাশে 'তিৰুপতি'ৰ 'ভেঙ্কেটেশ্বৰ'ৰ মন্দিৰৰ ক্ষুদ্র সংস্কৰণ নির্মাণ কৰা হৈছে ৷ তাতো দক্ষিণ ভাৰতীয় ভক্তৰ উপৰিও ভাৰতৰ বিভিন্ন প্রান্তৰ লোকে দর্শন কৰিবলৈ আহে ৷
           'তিৰুপতি'ৰ মন্দিৰৰ কর্তৃপক্ষই দর্শনার্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰে ৷ পিছে আজিকালি সকলো 'অনলাইন' হোৱা বাবে বহুত সুবিধা হ'ল ৷ আমি এই যাত্রাৰ এমাহ পূর্বেই 'অনলাইন' যোগে মন্দিৰ দর্শনৰ Entry pass অথবা 'টোকেন' লৈ থৈছিলোঁ ৷ গতিকে আমাৰ বৰ বিশেষ অসুবিধা নহ'ল যদিও প্রায় এঘণ্টামান দর্শনার্থীৰ ভীৰৰ মাজত আমিও হেঁচা-ঠেলা কৰিছিলোঁ ৷ দর্শনার্থীসকলৰ অধিকাংশ দক্ষিণ ভাৰতৰে লোক আছিল বাবে আমি তেওঁলোকৰ ভাষা ভালদৰে বুজি পোৱা নাছিলোঁ যদিও তেওঁলোকৰ ভাৱ-ভঙ্গী আকাৰ-ইঙ্গিতৰ পৰা জানিব পাৰিছিলোঁ যে সেইদিনা কোনো বিশেষ দিন আছিল ৷ দর্শনার্থীসকলৰ বহুতে আমাক খঙেৰে কিবাকিবি কৈছিল যদিও সেয়া আমাৰ বুজিবৰ সাধ্য নাছিল ৷ তথাপিও যেনে তেনে অনুভৱ কৰিব পাৰিছিলোঁ যে তেওঁলোকৰ বহুতে হেনো পোন্ধৰ ষোল্ল ঘণ্টাৰ পৰা শাৰী পাতি ৰৈ আছিল ৷ খুব সম্ভৱ আমি বাট চমুৱাই যোৱা দেখি আমাৰ ওপৰত তেওঁলোকৰ খং উঠিছিল ৷ সেই এঘণ্টাৰ ভীৰৰ হেঁচা-ঠেলাতে কেতিয়াবা কেতিয়াবা আমাৰ উশাহ বন্ধ হৈ যাব যেন লাগিছিল ৷ ল'ৰা-ছোৱালী কেইটাৰ বাবে ভয় লাগিছিল ৷ ভাবিছিলোঁ , ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থকা মানুহবোৰৰ কেনে দশা হয় বাৰু ! 
         সেই ঘণ্টাজোৰা হেঁচা-ঠেলাৰ পাছতো কমেও  আধা ঘণ্টা শাৰী পাতি লাহে লাহে আগবাঢ়ি গৈ মন্দিৰৰ মুখ্য দ্বাৰ পাইছিলোঁ আৰু এটা সময়ত 'ভেঙ্কেটেশ্বৰ'ৰ বিগ্রহৰ সমুখ পালোঁগৈ ৷ মুখ্য দ্বাৰৰ পৰা ভক্তসকলক এজন এজনকৈ যাবলৈ অনুমতি দিয়া হৈছিল ৷ কিন্তু বিগ্রহৰ সমুখত বৰ বেছি এক মিনিট সময়হে ৰ'ব পৰা গৈছিল ৷ শ্রদ্ধালুসকলে ঘণ্টা ঘণ্টা জুৰি শাৰী পাতি  ৰৈ থাকে মাত্র সেই এক মিনিটৰ বাবে ৷ সেই এক মিনিটত কি দেখিলোঁ , কি নেদেখিলোঁ ভালদৰে অনুভৱেই কৰিব পৰা নগ'ল ৷ যি কি নহওঁক , এক মিনিটৰ বাবে হ'লেও আমাৰ উদ্দেশ্য সফল হৈ গৈছিল ; সেয়ে যথেষ্ট ৷ 
          মন্দিৰৰ কাষৰ আছুতীয়া তলাবন্ধ ঘৰ এটাত আমি জুমি চাই ঠাঁহ খাই থকা টকাৰ দ'ম দেখা পাইছিলোঁ ৷ তেতিয়া আমাৰ নিজৰ দেশৰ বিভিন্ন প্রান্তৰ দুখীয়া লোকসকললৈ মনত পৰিছিল ! দেশৰ বিভিন্ন প্রান্তৰ ভঙা দলং , ভঙা আলি-পদুলি , বাটৰ ভিকহু আৰু পঢ়া-শুনা কৰিবলৈ সুযোগ নোপোৱা কণ কণ ল'ৰা-ছোৱালীবোৰৰ কথা মনত পৰিছিল !
          মন্দিৰৰ পিছফালৰ ডাঙৰ ঘৰ এটাৰ ভিতৰত  দক্ষিণ ভাৰতীয় কেইজনমান মন্দিৰৰ কর্মচাৰী যেন লগা লোকৰ মাজত সৰু কাজিয়া এখনো দেখা পাইছিলোঁ ৷ এজনৰ হাতৰ পৰা তেজ বাগৰি যোৱাও দেখা পাইছিলোঁ ৷ কোনোবাই কৈছিল , তেজ বাগৰা মানুহজন হেনো অসুখীয়া আছিল , তেওঁক সেই সময়ত মন্দিৰত 'সেৱা' আগবঢ়াবৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছিল ৷ কিন্তু তেওঁ অসুখীয়া শৰীৰেৰেই মন্দিৰৰ 'সেৱা' কৰিব বুলি হেনো কৈছিল ৷ কথাষাৰ সঁচা নে মিছা সেয়া অৱশ্যে আমি ভালদৰে বুজা নাছিলোঁ , কাৰণ তেওঁলোকৰ ভাষা আমাৰ বাবে বোধগম্য নাছিল ৷
          এইবাৰ প্রসাদ স্বৰূপ 'লাড্ডু' লোৱাৰ পাল ৷ আমাৰ 'টোকেন'ৰ আধাৰত নিদ্দির্ষ্ট Counter ৰ পৰা 'লাড্ডু' সংগ্রহ কৰি অনা হৈছিল ৷ এই 'লাড্ডু'বোৰ বৰ সোৱাদ আৰু প্রকাণ্ড আকাৰৰ ৷ কেবাদিনলৈ ৰাখি থ'ব পাৰি , সোনকালে বেয়া নহয় ৷
           আমি ভবাই নাছিলোঁ ইমান সোনকালে আমাৰ 'তিৰুপতি' দর্শন হৈ যাব বুলি ৷ 'লাড্ডু' সংগ্রহ কৰি আমি মন্দিৰৰ আশে-পাশে অলপ সময় ফুৰিছিলোঁ ৷  চাৰিওফালে সৰু-ডাঙৰ মন্দিৰ , স্তম্ভ , মুকলি মঞ্চ আদি সজাই থোৱা আছিল ৷ এনে লাগিছিল যেন আমি আন এখন পৃথিৱীতহে বিচৰণ কৰি আছিলোঁ ৷ স্মৃতিচিহ্নৰ বাবে আমি সকলোৱে 'কেমেৰা'ত ছবি তুলিছিলোঁ ৷ তাৰ পাছত আমি আমাৰ নির্দ্দিষ্ট গাড়ীখনত উঠি 'তিৰুমালা' পাহাৰৰ পৰা নামি আহিছিলোঁ ৷ সেই সময়ত আমাৰ বৰ ভোক লাগিছিল ৷ চালকজনে আমাক দুপৰীয়াৰ হাৰ গ্রহণ কৰিবলৈ ভাল 'ৰেষ্টুৰেণ্ট' এখনলৈ লৈ গৈছিল ৷ তাতো পুৱাৰ দৰে একেই  আতিথ্য ! বৰং তাতোকৈ বেছিহে ৷  ডাঙৰ কাঁহী এখনত কলপাত পাৰি ভাত এমুঠি সাজি সৰু সৰু দক্ষিণ ভাৰতীয় বিভিন্ন ব্যঞ্জনেৰে কেবাটাও বাতি ভৰাই আমাৰ মুখৰ আগত থৈ দিলেহি ৷ লগতে ঘিউ , আঁচাৰ আদি আছেই ৷ ভোকত আমি সেইবোৰ অমৃত যেন পাইছিলোঁ ৷ কিন্তু মোৰ ছোৱালীজনীৰহে লেঠা আছিল ৷ তাই দক্ষিণ ভাৰতীয় খাদ্য মুঠেই পছন্দ নকৰে ৷ সেয়েহে তাই কেৱল  ঘিউ সানি দালি-ভাত এমুঠি খাইছিল ৷ 
         তৃপ্তিৰে খাই-বৈ তাৰ পৰা ওলাই আমি এইবাৰ গৈছিলোঁ 'তিৰুপতি , ভেঙ্কেটেশ্বৰ' মন্দিৰৰ পৰা ৫ কিঃ মিঃ আঁতৰত অৱস্থিত 'পদ্মাৱতী আম্মাৱাৰী , মহালক্ষ্মী মন্দিৰলৈ ( Padmavathi Ammavari , Mahalaxmi ) , 'পদ্মাৱতী' অর্থাৎ 'আলামেলোমাংগা , তিৰুচাণূৰ ( Alamelumanga Tiruchanur )  ৷ এই মন্দিৰো Tirumala Tirupati Devasthanam ৰ দ্বাৰাই পৰিচালিত ৷ তাতো দীঘলীয়া শাৰী পাতি প্রৱেশ কৰিছিলোঁ ৷ স্থানীয় আস্থামতে 'ভেঙ্কেটেশ্বৰ'ৰ দর্শনৰ পূর্বে এই 'মহালক্ষ্মী'ৰ দর্শন কৰিব লাগে ৷ পিছে আমি তাৰ বিপৰীতে কৰিছিলোঁ , অনথ্যা আমাৰ অঙ্ক নিমিলা হৈ পৰিলেহেঁতেন ৷ কাৰণ আমাৰ সম্পূর্ণ যাত্রাটোৱে পূর্বনির্ধাৰিত আছিল ৷ কেতিয়া , ক'লৈ যাম , কত থাকিম , কোনখন গাড়ীত যাম সকলোবোৰ পূর্বনির্ধাৰিত আছিল ৷ আমি কেৱল সময়মতে সাজি-কাছি ওলাবহে লাগিছিল ৷ সেয়া যি কি নহওঁক , 'পদ্মাৱতী আম্মাৱাৰী মহালক্ষ্মী ' মন্দিৰত এটা কথা মন কৰিছিলোঁ , সেইটো হ'ল 
তাত মহিলাসকলে কোনোৱে ওৰণি লোৱা নাছিল ৷ ভাৰতৰ অন্যান্য ঠাইত মন্দিৰ বুলিলে মহিলাসকলে সাধাৰণতে ওৰণি লয় ৷ পাঞ্জাৱত আনকি পুৰুষসকলেও মূৰত কাপোৰ এডোখৰ বান্ধি লয়  ৷ দক্ষিণ ভাৰতত মহিলাসকলৰ ওৰণি লোৱাৰ প্রথা নাই বুলি জানিব পাৰিছিলোঁ ৷ 
            'মহালক্ষ্মী' মন্দিৰৰ পৰা ওলাই আহি আমি ভয়ঙ্কৰ ভাৱে ভাগৰি পৰা যেন অনুভৱ কৰিছিলোঁ ৷ গাড়ীখনত বহাৰ লগে লগে সকলোবোৰ শুই পৰিছিলোঁ ৷ চালকজনে কেতিয়া  আমাক 'কালী কোভিল'ৰ সমুখত আনি থিয় কৰাই দিছিল গমেই পোৱা নাছিলোঁ ৷ কিন্তু প্রায় দুই তিনি ঘণ্টাৰ টোপনিয়ে আমাৰ কিছু হ'লেও ভাগৰ উপশম কৰি দিছিল ৷ 
        গাড়ীখনৰ পৰা নামি আমি 'কালী কোভিল'ৰ নিজৰ নিজৰ নিদ্দিষ্ট কোঠাবোৰত সোমাই পৰিছিলোঁ ৷ গা-পা ধুই উৰিয়া ৰান্ধনীগৰাকীয়ে আমাৰ বাবে ৰান্ধি থোৱা আহাৰ গ্রহণ কৰি শুই পৰিছিলোঁ ৷ পিছদিনাখন আমাৰ গন্তব্যস্থান আছিল  'ৰামেশ্বৰম' ৷

আগলৈ...

পৃষ্ঠা ৩৭
নীলাখামৰ চিঠি ঃ

মৰমৰ 
      প্ৰিয়জন,

              এধানি হিয়াৰ নীৰৱ উকমুকনিৰে তোমালৈ প্ৰেৰণ কৰিলো একাঁজলি আলসুৱা মৰম। সুদীৰ্ঘ এটা বছৰৰ পিছত  সেউজীয়া অনুভূতিয়ে  জীপাল কৰা স্মৃতিৰ সঁ‌ফুৰা খুলি  তোমালৈ বুলি  হাতত এইয়া কলম তুলি ল'লো।  কুশলে আছা চাগৈ ? এজাৰৰ বেঙুনীয়া বোলে হৃদয় জোকাৰি যোৱাৰ পৰতে  আমি যে তিতিছিলো প্ৰেমৰ এজাক ৰাগী লগা বৃষ্টিত--- তুমি চাগৈ পাহৰিলাই ? সোণোৱালী আৱেগে  তুলিকা বোলাই  হৃদয়ৰ কেনভাছত  নিতৌ  তোমাৰেই আল্পনা আঁ‌কে। উজাগৰী নিশাৰ  প্ৰাপ্তিহীন চেতনাবোৰে  নিতে  অশ্ৰু সৰাই মোক কৰে দিশহাৰা। বুকুৰ উমাল পৰশেৰে  বাউলী মই জনীৰ কাষত তুমি যে নাই আজি থুনুকা অভিমানটি হৈ। স্বপ্নিল জোনাকৰ ছয়াময়া ঢৌত বিলীন হয় মোৰ নিসংগ প্ৰহৰ। উকা শেতেলীত কল্পনাই বাগৰ সলাই হেঁপাহৰ বৰ্ণিল চাকনৈয়াত। দিগন্ত বিশাল কত গোপন কথাই তোমালৈ বাট চাই  অজানিতে থমকি ৰয়।  নাহৰ ফুলাৰ বতৰতে বসন্তৰ অনুভূতি যাঁ‌চি  তুমি যে কৈছিলা  আহিবা বুলি।  অনুভৱৰ জপনা খুলি  জেতুকাবুলীয়া আশা বান্ধি  ৰৈ আছিলো জানা, উন্মনা  হৈ---। কিন্তু  বিষাদৰ গীত গাই কুলি কেতেকীও গ'লগৈ। মেঘৰ মাদল বজাই  বৃষ্টি আহি কৈ গ'ল বৰষা অহাৰ বতৰা।  তুমিচোন নাহিলা। 
  
              সপ্তৰঙী  ৰামধেনুৱে মনাকাশ উজলাই ছটিয়াই দিছিল কত হেঁপাহৰ ৰং।  ভৱাতো নাছিলো মই, -----  তমসাৰ প্ৰলেপেৰে  কজলা ডাৱৰ আহি  লুকুৱাই পেলাব মোৰ প্ৰাপ্তিৰ আনন্দবোৰ। ব্যৰ্থতাৰ তৰংগত মোৰ আশাৰ পানচৈ উটি ভাঁ‌হি গুচি গ'ল কোনোবা অজান দিশলৈ।  ভগা সপোনৰ উচুপনিৰে থাকি ৰ'ল বিষাদ মোৰ জীৱনৰ যান্ত্ৰণা হৈ। তুমিতো জানাই, তুমি মোৰ  'মৰম' -----অজানা অবুজ  কিবা মায়াৱী জৰীৰ বান্ধোন। তুমিয়েই মোৰ 'প্ৰণয়' -----  যেন হৃদয় জোৰাই বাজি ৰোৱা এক অদৃশ্য সুৰীয়া বীণ। আলসুৱা অভিমান ভাঙি কিমান  বাৰু বুজাম তোমাক বহুতো ভালপাওঁ‌ বুলি।

        মৰম, প্ৰেমৰ  গোলাপী ৰাগীত উন্মনা হ'বলৈ  বৰ্ষাৰ  প্ৰতিশ্ৰুতিৰ দৰে আকৌ এবাৰ আহিবানে মোৰ কাষলৈ।  হৃদয়ৰ তমসা ভেদি বিজুলীৰ ৰেঘা টানি আকৌ এবাৰ তিতিম আমি  বৰষাৰ এজাক প্ৰণয়ৰ বৰষুণত।  তোমাৰ আগমনত ফুলি উঠিব মোৰ হৃদয়ত অনুৰাগৰ  হেজাৰ পাপৰি , আলফুলীয়া। সুবাসিত প্ৰতিক্ষণ হৈ ৰ'ব মোৰ বাবে  মতলীয়া।

ইতি
অনামিকা

ৰীপা দোলাকাষৰীয়া
কমলাবাৰী, মাজুলী
ফোন নং- ৭৫৭৮৮০২৮৩৭

পৃষ্ঠা ৩৮
গল্পঃ
ঘূণে ধৰা সময়

পৃথিৱী আক্ৰান্ত হৈছে এক ভয়ংকৰ ৰোগত । চাৰিওফালে বিধ্বস্ত ৰূপ পৃথিৱীখনৰ । স্তব্ধ জনজীৱন ! স্তব্ধ সময় !  টিভিৰ সন্মুখত বহিবলৈ ভয় লগা অৱস্থা। চিকিৎসালয়ত ৰোগীৰ হাঁহাকাৰ অৱস্থাবোৰ টিভিত দেখি দেখি একপ্ৰকাৰ হতাশাত ভুগিছে মাধৱী । যিমান পাৰে সকলো খিনি বিধি বিধান মানি চলিছে তাই । কিন্তু তাৰ মাজতো কবতো নোৱাৰি ! অদেখা শত্ৰুৱে আহি কোন সময়ত দেহত থিতাপি লয়হি !  ঘৰখনৰ সকলো লাগতিয়াল বস্তুৰে দীঘলীয়া হিচাপ নিকাচ কৰি তাই বজাৰ সমাৰ কৰি ৰাখিছে । কিন্তু তাৰ মাজতো চোন ওলাই যাবলগীয়া হয়েই দিনটোত এবাৰ হ'লেও ! মাস্কখন লগাই যদিও তাই নিচিন্ত হ'ব নোৱাৰে।

আকাশখন আন্ধাৰবৰণীয়া হৈ থাকোতেই মাধৱীৰ পুৱাবোৰ আৰম্ভ হয় সদায় । আন্ধাৰ ফালি কুহুমবুলীয়া বেলিটো ওলাইহি মানে মাধৱী কেইবাটাও কাম কৰি আজৰি হয় । হওঁতে তাইৰো মন যায় , পুৱাৰ চিকুন টোপনিকনৰ আমেজ লবলৈ । আয়াসত গা এঙামুৰি দি পুৱা সাত আঠ বজালৈকে শুই থাকি চকু মোহাৰি মোহাৰি বিচনাৰপৰা উঠি আহিবলৈ তাইৰো বাসনা জাগে । কিন্তু এইবোৰ তাইৰ বাবে বিলাসিতা । বাস্তৱত তাইৰ পৃথিৱীখন বৰ সহজ নহয় । ঘড়ীৰ কাটাতকৈও যেন পৰা হ'লে তাই বেছি খৰকৈ দৌৰিলেহেঁতেন !

 সাত বজালৈ তাই পুৱাৰ জা জলপান তৈয়াৰ কৰি অলকেশক গা পা ধোৱাই খোৱাই , নিজেও অলপ নাকে কাণে গুজি আজৰি হয় । ঘড়ীৰ কাটাই সাত বজাৰ সংকেত দিয়াৰ লগে লগে তাইৰ আগফালৰ কোঠাটো মৌমাখিৰ গুণগুননিৰ দৰে কেইবাটাও ল'ৰাছোৱালীৰ মৌসনা মাতেৰে ভৰি পৰে । সিহঁতবোৰ তাইৰ ওচৰলৈকে আহে সদায় ।

মধৱীয়ে সিহঁতক পঢ়াই । 
পুৱা সাত বজাৰ পৰা আঠ বজালৈকে ছটা ল'ৰাছোৱালীৰে তাইৰ থমথমীয়া পৰিৱেশৰ ঘৰখন মুখৰ হৈ থাকে । সিহঁতৰ কথা বতৰাৰে তাইৰ উকা বুকুখন ভৰি থাকে । অঞ্চলটোত তাইৰ বিশেষ নাম আছে । তাই পঢ়োৱা প্ৰতিটো কনমানীয়ে পৰীক্ষাত ভাল ফলাফল দেখুৱাই আহিছে । সেয়েহে তাই কতো শিক্ষকতাৰ চাকৰি নকৰে যদিও ঘৰুৱা শিক্ষয়ত্ৰী হিচাপে সুপৰিচিত । সেই পৰিচয়ৰ বাবেই তাইৰ দুজনীয়া সংসাৰ খনো সুচল ভাবে চলি আছে । 

অলকেশ সুস্থ হৈ থকা দিনত কথাবোৰ বেলেগ আছিল অৱশ্যে । তেতিয়া ঘৰুৱা শিক্ষয়িত্ৰী হোৱাতো তাইৰ আৱেগ আছিল ! কণ কণ ল'ৰা-ছোৱালীবোৰৰ সৈতে সময় কটোৱাৰ এটা অচিলা আছিল মাধৱীৰ ।  
কিন্তু এতিয়া সেয়া তাইৰ প্ৰয়োজন !
সেয়েহে তাই কিছুমান বিলাসিতা কৰো বুলিলেও কৰিব নোৱাৰে ।

 অলকেশে কয় তাইক ;
 ' ইমান কষ্ট নকৰিবাচোন !  যি দুই এপইচা জমা হৈ আছে তাৰে যেনেতেনে চলিব পাৰিম নহয় দুইটা ! '

 কিন্তু তাইৰ ভয় হয় । যদি হঠাতে কেতিয়াবা প্ৰয়োজনবোৰ বাঢ়ি যায় ! আৰু অলকেশৰ ভৰিদুখনৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় টকাকেইটাতো গোট খাব লাগিব !  জমাখিনিও খৰচ কৰি পেলালে কেনেকৈ সম্ভব হ'ব ? সেইবাবে তাই আৰু বেছি কষ্ট কৰিবলৈ নিজকে প্ৰস্তুত কৰি তোলে । এদিন নহয় এদিনটো পইচা গোট খাব অলকেশৰ চিকিৎসাৰ জোখাৰে ! পইচাৰ বাবেই ৰৈ আছে সিহঁত ! তাই এইকণ কষ্ট কৰিব নোৱাৰিবনে ; অলকেশৰ আগৰ জীৱন ঘূৰাই পোৱাৰ স্বাৰ্থত ! 

টিউচন কৰি পোৱা টকাকেইটাৰে বৰ আটোমটোকাৰিকৈ তাই চলাই নিছে সংসাৰখন । চৰায়ে কুটা কঢ়িওৱাৰ দৰে তাৰে কিবা অলপ সাঁচিচেও তাই ! বজাৰ সমাৰো তায়ে কৰে যিহেতু নিৰ্দিষ্ট এক হিচাবতহে ঘৰখন চলাই । 

 অলকেশৰ যত্নত তাই একো ক্ৰুটি ৰখা নাই । মাথোঁ নিজলৈ বুলিহে তাই একো প্ৰয়োজন অনুভব নকৰা হ'ল আজিকালি ! অলকেশৰ চাকৰি থাকোতে তাইৰ কত কি যে চখ পুৰাইছিল সি ! প্ৰায়ে অফিচৰ পৰা আহোঁতে তাইলৈ কিবা নহয় কিবা এটা লৈ আনে অলকেশে ! সেইবোৰ দিন এতিয়া তাইৰ বাবে সপোন যেন লাগে । 
সময়ৰ দৰে প্ৰভাৱী একোৱেই নাই হয়তো !

 আজি অলকেশৰ জন্মদিন । 
তাইৰ বাবে বৰ বিশেষ দিন এইটো । অলকেশৰ জন্মদিনত আগতে উথপথপ লাগিছিল তাইৰ । ব্যস্ততাৰ সীমা নাথাকে ! কি বনাব , কি উপহাৰ দিব ; কাক কাক মাতিব ইত্যাদি ইত্যাদি বহু কথাৰে তাই উফৰি ফুৰিছিল ।  অলকেশে বেয়া পায় , এই বুঢ়া বয়সত নো কি দৰকাৰ জন্মদিন বুলি ইমান হূলস্থুল কৰাৰ ! 

তাই অভিমান কৰিছিল তাৰ কথাত ,

" কিয় নকৰিম হূলস্থুল ! এই বিশেষ দিনটোত তুমি পৃথিৱীলৈ আহিছিলা বাবেইতো তোমাৰ আৰু মোৰ পৃথিৱীখন আজি ইমান মধুৰ অলকেশ " ;
তাই যুক্তি দিছিল । 

এতিয়া পিছে বেলেগ হ'ল কথাবোৰ ! 

 থাপনাত শৰাই এখন দি , পায়স অলপ বনাই গোঁসাইৰ চৰণত আগবঢ়াই তাই  । অন্তৰৰ সমস্ত আকুতিৰে তাই অলকেশৰ সুস্বাস্থ্যৰ কামনা কৰি সেৱা জনাই ঈশ্বৰৰ ওচৰত । যদি দ্বিতীয় জনম বোলা কিবা আছে সঁচাকৈয়ে , তাই প্ৰতিটো জনমতে অলকেশক বিচাৰে জীৱন সংগী ৰূপে ! অলকেশৰ জীৱনৰ পাৰ হৈ যোৱা সেই অভিশপ্ত দিনটোৰ দৰে দিন যেন নাহে আৰু সিহঁতৰ জীৱনলৈ । কিবা প্ৰকাৰে অলকেশ অলপ স্বাভাৱিক হৈছে ! ভৰি দুখন হেৰুৱাই এজন কৰ্মক্ষম মানুহৰ জীৱন কিদৰে বিধ্বস্ত হ'ব পাৰে সেয়া ভুক্তভোগীয়েহে বুজে । সুচলতাৰে চলি থকা ঘৰ এখন কিদৰে বেইচিজিল হৈ যাব পাৰে সেয়া মাধৱী আৰু অলকেশে হে বুজে ! সংসাৰৰ মায়া মোহত আচ্ছন্ন হৈ থকা কাৰোবাৰ বাবে হঠাত আহি পৰা এনেকুৱা ধুমুহাই কিদৰে সলাব পাৰে জীৱনৰ সংজ্ঞা সেয়া মাধৱীয়েহে বুজে ! সকলোবোৰ কথাই সলনি হৈ পৰিল । অলকেশৰ জন্মদিনত সেয়েহে আগৰ আড়ম্বৰ নাই আৰু এতিয়া ! তাইৰ ওচৰলৈ অহা কনমাণী কেইটাক পেট ভৰাই লুচি ভাজি পায়স আৰু মিঠাই খুৱাই তাই অলকেশৰ জন্মদিন উদযাপন কৰে । সিহঁতৰ হাঁহিভৰা মুখকেইখন দেখি তাই বুজাব নোৱাৰা সুখ পায় ! অলকেশেও কিছুপৰলৈ নিজৰ অক্ষমতাক পাহৰি সিহঁতৰ লগত একাত্ম হয় । বিশেষ দিনবোৰ এনেদৰেই আৰু অলপ বিশেষ কৰি তোলে মাধৱীয়ে । অলকেশ সুখী হ'লে তাইৰ বুকুখনো বুজাব নোৱৰা আৱেগত  উথলি উঠে । অলকেশৰ প্ৰতিটো ইচ্ছা অনিচ্ছাক মাধৱীয়ে বুজি পাই বাবেই তাইৰ বাবে বৰ কষ্টকৰ তাৰ হাঁহিৰ আঁৰত লুকুৱাই ৰখা যন্ত্ৰণাখিনি । 

মাধৱীক যেন আতংকই লগ নেৰিব ! চাৰিওফালে সৃষ্টি হোৱা এক ভয়াবহ সময়ে তাইকো কোঙা কৰি আনিছে অলপ দিনৰ পৰা । তাইক যেন চাৰিওফালৰ পৰা চেপি খুন্দি আনিছে সময়বোৰে , তেনে লাগে কেতিয়াবা ! 

 পৃথিৱী আক্ৰান্ত হৈছে এক ভয়ংকৰ ৰোগত । চাৰিওফালে বিধ্বস্ত ৰূপ পৃথিৱীখনৰ । স্তব্ধ জনজীৱন ! স্তব্ধ সময় !  টিভিৰ সন্মুখত বহিবলৈ ভয় লগা অৱস্থা। চিকিৎসালয়ত ৰোগীৰ হাঁহাকাৰ অৱস্থাবোৰ টিভিত দেখি দেখি একপ্ৰকাৰ হতাশাত ভুগিছে মাধৱী । যিমান পাৰে সকলো খিনি বিধি বিধান মানি চলিছে তাই । কিন্তু তাৰ মাজতো কবতো নোৱাৰি ! অদেখা শত্ৰুৱে আহি কোন সময়ত দেহত থিতাপি লয়হি !  ঘৰখনৰ সকলো লাগতিয়াল বস্তুৰে দীঘলীয়া হিচাপ নিকাচ কৰি তাই বজাৰ সমাৰ কৰি ৰাখিছে । কিন্তু তাৰ মাজতো চোন ওলাই যাবলগীয়া হয়েই দিনটোত এবাৰ হ'লেও ! মাস্কখন লগাই যদিও তাই নিচিন্ত হ'ব নোৱাৰে । ঘৰলৈ আহি হৰহৰাই এসোপা পানীৰে গা ধুইহে তাইৰ শান্তি লাগে । এগুণত দুগুণ  কাম বাঢ়িছে সেয়েহে আজিকালি তাইৰ । কৰ'নাৰ কাল ৰূপ দেখি তাই কনমাণী কেইটাকো আহিবলৈ মানা কৰিছে অলপ দিন । সকলো নিজৰ নিজৰ মতে সাৱধান হৈ থাকিলেও তাইৰ ভয় হয় । অলকেশ এনেও দূৰ্বল এতিয়া । শুনিছে , দূৰ্বল অৱস্থাত বোলে সোনকালে আক্ৰমন কৰে ক'ভিডে । গতিকে তাই একো সুৰুঙা ৰাখিব নিবিচাৰে ঘৰখনত । তাই নিজেও ঘৰৰ পৰা ওলাই গ'লে , অলকেশৰ ওচৰলৈ বৰকৈ আহিবলৈ বেয়া পায় । কিন্তু তাই যে নাহিলেই নহয় ! অলকেশৰ প্ৰতিতো কাম , প্ৰতিতো প্ৰয়োজন তায়েইতো পূৰা কৰিব লাগে ! অলকেশে হুইল চেয়াৰ খন নিজেই চলাই চলাই পৰা খিনি নিজে কৰি লয় যদিও মাধৱী অনবৰতে সচেতন হৈ থাকে ! অলকেশক ধমক দিয়ে ..." কিয় কৰিব লাগে তুমি , আছো নহয় মই "...!

 সি ম্লান হাঁহি এটা মাৰি কয় ;
" কিমান কৰিবা আৰু তুমি মাধু ! তোমাকো জানো জিৰণি নালাগে ! তোমাৰো জানো ভাগৰ নালাগে ! তুমিতো মোৰ বাবে তোমাৰ সকলো ভাল লগা ত্যাগ কৰিছা ! কেৱল মোৰ ভুলৰ বাবেই আজিৰ এই সংঘাতময় জীৱন আমাৰ মাধু ! মোৰ কেতিয়াবা নিজৰ ওপৰতে ধিক্কাৰ জন্মে ! কিয় যে মই সেইদিনা তোমাৰ হাজাৰ বাধাকো নামানি ঘৰৰপৰা ওলাই গৈছিলো বাইকখন লৈ ! হয়তো আজিৰ এই দিনবোৰৰ বাবে এটা অজুহাত বিচাৰিছিল সময়ে , সেয়েহে কোনো কাৰণ নোহোৱাকৈয়ে মই তোমাৰ কথাকো আওকাণ কৰি গুচি গৈছিলো সমীৰৰ লগত ! আৰু ..... আৰু সন্মুখৰ পৰা আহি থকা টেঙ্কাৰখনত কেতিয়া কিয় খুন্দা মাৰি দিছিলো আজিও মোৰ মনত নপৰে মাধু....বিশ্বাস কৰা ! তোমাক আৰু কিমান কষ্ট দিম মই ".....

চুলিখিনি দুইহাতেৰে খামুচি ধৰি অলকেশ অস্থিৰ হৈ পৰে ।  

মাধৱীয়ে শুনিব নোৱাৰে অলকেশৰ মুখত এনবোৰ কথা । তাই সহিব নোৱাৰে তাৰ বুকুৰ বিষবোৰ । তাৰ ওঁঠত আলফুলে তৰ্জনী আঙুলিটো ৰাখি তাই সামান্য মূৰতো জোকাৰি তাক ইঙ্গিতেৰে বুজাই ---;
--' নক'বা এইবোৰ কথা ।  মোৰ সহস্ৰ ভালপোৱাৰে তোমাক তুলি ধৰিছো । আমৃত্যু তোমাৰ বাবে সকলো কৰি যাম । কোনে কৈছে মোৰ কষ্ট হৈছে ! এয়া মোৰ পৰম সৌভাগ্য বুলি ভাবো অলকেশ , ইমান ডাঙৰ দূৰ্ঘটনা এটাৰ পাছতো যে তোমাক ঘূৰাই পাইছো ! পুৱা গধূলি তোমাৰ হৈ চাকি জ্বলাই সদায় এটাই প্ৰাৰ্থনা কৰো তুমি যেন সাত জনমৰ বাবে মোৰ কাষতে এনেদৰেই থাকা । হাজাৰ ধুমুহা আহিলেও যেন আমি বেলেগ নহও কেতিয়াও । তোমাৰ হাঁহি থকা মুখখন দেখিলে মই সকলো কষ্ট মূৰ পাতি লব পাৰো অলকেশ  ....মাধৱীয়ে অলকেশৰ হাত এখন পৰম আৱেগেৰে সাৱটি ধৰে । 

দুফোটা তপত চকুলো বাগৰি আহিল তাইৰ দুগালেৰে ।

....  হতাশ নহ'বা অলকেশ , মই অলপ অলপকৈ পইচা গোটাইছো , আৰু অলপ গোট খাওক । তোমাৰো জমা পইচাৰ পৰা কিছু লৈ অতি সোনকালে তোমাৰ ভৰিৰ চিকিৎসা কৰাম । অতি সোনকালে তুমি আগৰ দৰে তোমাৰ দুভৰিৰে খোজ কাঢ়িব পাৰিবা । অলপ সময় দিয়া মোক মাথোঁ , তুমি ভাগি নপৰিবা ! 

               মাধৱীৰ আবদাৰত মানসিক ভাবে কিছু সবল হয় অলকেশ । এদিন আকৌ সি সুস্থ হৈ উঠিব বুলি বিশ্বাস এটা ঘূৰি আহে তাৰ মনলৈ । অলকেশৰ তাইৰ প্ৰতি থকা অগাধ বিশ্বাসত তাই প্ৰেৰণা পায় । তাইৰ অৱসাদবোৰে কেতিয়াবা হেঁচি ধৰিলেও , অলকেশৰ ওচৰত নেদেখুৱাই কেতিয়াও । তাইৰো ভাগৰ লাগে ! জিৰাবলৈ মন যায় ! তাতে এইকেইদিন গাটো ভাল লাগি থকা নাই তাইৰ । খুব দূৰ্বল অনুভব কৰিছে । মাজে মাজে জৰ উঠাৰ দৰে লাগে গাটো । চকুকেইটাৰে যেন জুই হে ওলাব ! তথাপি তাই হাৰ মনা নাই । অলকেশে যাতে একো গম নাপায় তাৰবাবে যিমান পাৰে নিজক চম্ভালিছে তাই । ভয় এটাই দুৰু দুৰুকৈ কঁপাই তুলিছে তাইৰ বুকুখন ! 
যদি ........ 

নাই , নাই নহয় ! কেনেকৈ হ'ব তাইৰ ! সকলোবোৰ সতৰ্কতা মানি চলিছে তাই । ঘৰখন যিমান পাৰে চাফা চিকুণ কৰি ৰাখিছে । নিজেও ওলাই গ'লে এপলকৰ বাবেও মাস্কখন খোলা নাই । চেনিটাইজাৰ নোলোৱাকৈ একো নকৰে বাহিৰত । তেনেস্থলত তাইৰ কিয় হব ! নিশ্চয় ভাইৰেল ফিভাৰ । জৰ হ'লেই কৰ'না বুলিতো কোনো কথা নাই ! 

ৰাতিৰ সাজ অলকেশক কিবা কৈ বনাই খুৱাই তাই নিজে নিমখ তেল অকণ সানি দুগহা খাই শুবলৈ ল'লে । প্ৰচণ্ড মূৰৰ বিষত মূৰতো যেন ফাটি যাব তাইৰ । ডিচপ্ৰিন এটা খাই অলপ শুবলৈ যত্ন কৰিলে । কিন্তু নাই , টোপনি নাহিল । ইকাটি সিকাটি হৈ পৰি থাকি অভ্যাসবশতঃ পোহৰ নহওঁতেই বিছনাৰ পৰা উঠি আহিল । খুব দূৰ্বল অনুভব কৰিছে তাই । ফিকাচাহ একাপ খাবলৈ মন গ'ল । আদা দিয়া চাহকাপ খাই কিছু আৰাম লাগিল ডিঙিটো । ভয়টোৱেও তাইক অৱশ কৰি আনিছে । 
যদি কেনেবাকৈ তাইৰ কভিড পজিটিভ হয় ! 

অলকেশৰ কি হ'ব !  কোনে চাব তেওঁক ! কেনেকৈ চলিব অলকেশ ! কোনে যত্ন লব তাৰ ....

 নানানটা চিন্তাই তাইক ভাৰাক্ৰান্ত কৰি তুলিছে । পুৱাৰ কামখিনি কৰি অতাই তাই ওচৰৰ কভিড টেষ্ট কৰা চেন্টাৰটোলৈ গ'ল । ঘৰুৱা সামগ্ৰী অলপ আনিবলৈ যাঁও বুলি অলকেশক কৈ  ওলাই গ'ল তাই । 

ৰেপিড টেষ্ট কৰালে মাধৱীয়ে।

: বাইদেউ আপোনাৰ পজিটিভ ! আপুনি এতিয়া উভতি যাব নোৱাৰিব । আপোনাক বাহিৰে বাহিৰে হস্পিতেললৈ লৈ যোৱা হ'ব । তাৰবাবে অলপ বহিব লাগিব আপুনি । গাড়ী আহিলেই পঠাই দিম আপোনাক । 

মাধৱীৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ গ'ল । কি কৈ  গ'ল তাইক এইমাত্ৰ ল'ৰাজনে । 
তাইৰ কভিড পজিটিভ  ! কিন্তু কেনেকৈ সম্ভব হল ! 

আৰু....! 
আৰু তাই যে এতিয়া ঘৰলৈ ঘূৰি যাব নোৱাৰে ! কি হ'ব এতিয়া অলকেশৰ ! তাক কোনে চম্ভালিব ! কি বুলি খবৰ দিয়ে তাই এতিয়া তাক ! দুদিন ধৰি তাইৰ গা বেয়া অথচ অলকেশক একো জানিবলৈ দিয়া নাই তাই  ! হঠাত এতিয়া ঘৰুৱা বজাৰ কৰিবলৈ আহি তাইৰ কভিড পজিটিভ  বুলি কিদৰে খবৰ দিয়ে তাক । ইমান অভাবনীয় ঘটনাবোৰে কিয় বাৰু পাছ নেৰা হৈছে সিহঁতৰ ? 

  কঁপা কঁপা মাতেৰে তাই এবাৰ ঘৰলৈ যোৱাৰ প্ৰয়োজনীয়তা খিনি বিবৰি কলে চেন্টাৰতোত । তাইৰ কাপোৰ দুসাজ মান আনিব লাগিব । এনেদৰে হঠাত তাই অলকেশক কিয় এৰি থৈ যাব নোৱাৰে সকলো কোৱাৰ পাছত তাইক এঘন্টা সময় বান্ধি দিলে তেওঁলোকে । যিখিনি যাবতীয় কাম আছে কৰি উঠি তাইৰ ঠিকনাত গাড়ী আহি পাব ।

 তাই দৌৰাদৌৰিকৈ ঘৰলৈ গ'ল । 

ৰ'দতো উঠি আহিছে , তাইৰ গাটো বেছিকৈ বেয়া লাগি আহিল । খোজৰ গতি কমি আহিছে তাইৰ । কিন্তু তাইৰ হাতত মাত্ৰ এটা ঘন্টা ! তাই ৰ'ব নোৱাৰে ! 

বাহিৰৰ পৰাই তাই অলকেশলে ফ'নটো লগালে । মাধৱীৰ মুখত অভাবনীয় কথাবোৰ শুনি অলকেশ নিশ্চুপ হৈ পৰিল । নিজৰ অক্ষমতাত সি নিজকে যেন শেষ কৰি দিব । কিমান ভুগিব আৰু তাৰ মাধুজনীয়ে তাৰ ভুলৰ বাবে ! তাইক চাবলৈ অলকেশে যিমান পাৰে খৰকৈ হুইলচেয়াৰখন চলাই বাৰান্দালৈ আহিল । মাধৱীৰ চকুৰে ধাৰাষাৰ চকুপানী বৈছে । তাইৰ সন্মুখত অলকেশৰ মুখখনো ধূসৰ হৈ পৰিছে আজি । 
কি কৰা যায় এনেকুৱাত ! 
কিহৰ পৰীক্ষা লৈছে ভগৱানে সিহঁতৰ ! 
অলকেশে এবাৰ হাতখন আগবঢ়াই দিলে তাইৰ ফালে , তাই অভ্যাসবশতঃ তাৰ হাতখন আকোৱালি ধৰিবলৈ আহিও থমকি ৰ'ল হঠাত ! 
এয়া কি কৰিবলৈ ওলাইছিল তাই ! 
তাই যে এতিয়া অস্পৃশ্য । হাজাৰ মন গ'লেও তাই এতিয়া অলকেশক চুব নোৱাৰে । আঁতৰৰ পৰাই তাই হাতখন জোকাৰি দিলে । বুকু ভগা কান্দোন এটা ওলাই আহিল তাইৰ । অলকেশক তাইৰ অনুপস্থিতিত কিবা অলপ খোৱাৰ যোগাৰ দিবলৈ তাই ঘৰৰ কাষৰে মামনিক ফ'ন কৰি সহায় বিচাৰিলে । কোনো আহিব নিবিচাৰে এনে অৱস্থাত কাৰো ঘৰলৈ । প্ৰাণৰ মমতা সকলোৰে একে । কাকো দোষ দিব নোৱাৰে তাই  । মাধৱীয়ে বুজে সকলোবোৰ । দুৱাৰৰ বাহিৰত দুবেলাৰ দুসাজ থৈ দিলেও হ'ব বুলি কৈ তাই ফ'ন ৰাখিছিল .....

.....কেনে পৰিস্থিতি এয়া !  এসাজ ভাতৰ বাবে তাই ভিক্ষা খুজিব লগা সময় আহিল । 

পদূলিমূৰত  গাড়ী এখন ৰ'লহি । ঘূৰি চাই দেখে তাইক নিবলৈ এম্বুলেন্সখন আহি পাইছেহি । মূৰৰ পৰা ভৰিলৈকে ঢকা কেইবাজনো অচিন মানুহে তাইক নিবলৈ আহিছে কোনো অচিনাকী ঠাই এখনলৈ ! 

 অলকেশক এৰি থৈ তাই যাবলৈ ওলাল ।
 শব্দবোৰে কৰবাত যেন আত্মগোপন কৰিছে !

 অলকেশে মাথোঁ দুহাত প্ৰসাৰি তাইক মাতিছিল ওচৰলৈ ! 

 নাজানে ! 
তাইৰ কি হ'ব তাই নাজানে ! 
 ঘৰখনলৈ ঘূৰি যাব পাৰিবনে তাই সেয়াও নাজানে  ! অলকেশক আগৰ দৰে আকোৱালি লব পাৰিবনে তাই  !  যিমান পাৰে নিজক সাহসী কৰিবলৈ যত্ন কৰিছে মাধৱীয়ে ! 

 কিন্তু তাইৰ দেহাটোৱে তাইৰ লগ দিয়া নাই । ডিঙিৰ বিষটোৱে বৰকৈ কষ্ট দিছে মাধৱীক । একো খাব নোৱাৰাৰ ফলত বেছিকৈ দূৰ্বল হৈ পৰিছে । চিকিৎসক সকল দিন ৰাতি ব্যস্ত ৰোগী সকলৰ লগত  । মন নগলেও কিবা অলপ খাবলৈ তাইক কৈ গৈছে । তাই হে পৰা নাই খাব ! মাধৱীৰ অক্সিজেন লেভেল উঠা নমা কৰি আছে । মাজে মাজে উশাহ লওঁতে বুকুখন বিষোৱা যেন লাগে তাইৰ !

 অলকেশৰ চিন্তাই তাইক ভিতৰি অস্থিৰ কৰি তুলিছে  ....

কি কৰিছে বাৰু অকলে অকলে ঘৰখনত অলকেশে ! এদিনো তাই নোহোৱাকৈ থাকি নোপোৱা মানুহজন কেনেকৈ আছে চাগে ! ফ'ন এটা কৰি খবৰ লবলৈও তাই ইমানেই দূৰ্বল , তাইৰ মাত শুনিলে সি বেছিকৈ চিন্তাত পৰিব ! ঈশ্বৰৰ ওচৰতে অলকেশক তাই সপিছে কেইদিনমানলৈ  .... 
" মানুহজনক চাবা প্ৰভু ! মোক সোনকালে ঘৰ যাব পৰা কৰি দিয়া অন্তত তেওঁৰ বাবেই " ..... তাইৰ দুগালেৰে দুধাৰি চকুপানী বৈ আহিল ! 

হঠাতে তাইৰ  উশাহবোৰ চুটি হৈ অহিছে যেন লাগিল । বুকুখন সোপা মাৰি ধৰিছে । উশাহটো টানি টানি লব লগাত পৰিছে তাই ।  দুজন চিকিৎসক ঢপলিয়াই আহিল । তাইক অতি সোনকালে আইচিইউত ভৰ্ত্তি কৰাব লাগে । অক্সিজেন চিলিন্ডাৰৰ নাটনি হৈছে চিকিৎসালয়খনত , ৰোগীৰ সংখ্যা বাঢ়ি আহিছে দিনে দিনে । তথাপি এটা অক্সিজেন চিলিন্ডাৰ কিবা প্ৰকাৰে সাজু কৰা হ'ল মাধৱীৰ বাবে । তাইৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ডাক্টৰ সকল অলপ চিন্তিত হোৱা যেন লাগিল তাইৰ । দূৰ্বলতাৰ আঁৰতো তাই নিজৰ চিন্তা শক্তিক বৰ কষ্টৰে লোপ পাবলৈ দিয়া নাই । বাৰে বাৰে দূৰ্বল দুচকু মেলি তাই চিকিৎসকৰ মুখ কেইখন পঢ়িবলৈ যত্ন কৰিছে ...

.... দৰৱে কিয় তাইক কামত দিয়া নাই বাৰু ! তাই সুস্থ হৈ সোনকালে ঘৰলৈ যাব লাগে ; অলকেশ ৰৈ আছে তাইৰ বাবে ! 
 তাইৰ অৱচেতন মনটোৱে হাহাঁকাৰ কৰি আছে । 
পৰা হ'লে তাই চিঞৰি  চিঞৰি ক'লেহেঁতেন !
" মোক সোনকালে সুস্থ কৰি তোলক চাৰ ; মোৰ স্বামীৰ ওচৰলৈ মোক সোনকালে যাব পৰা কৰি দিয়ক । মই নহ'লে যে তেওঁ একোৱেই কৰিব নোৱাৰে....." 

মাধৱীৰ উশাহবোৰ ক্ষীণ হৈ আহিছে ক্ৰমে । দুচকু মেলিবলৈ শক্তি হেৰাই গৈছে ! তাইৰ অক্সিজেন লেভেল বহুত বেছি কমি গৈছে । তাইৰ সন্মুখত সব আন্ধাৰ হৈ পৰিছে ।
তাইৰ শৰীৰটো তাইৰ বাবে অচিনাকী হৈ পৰিছে লাহে লাহে !

সমাপ্ত 

অংকিতা বৰুৱা
জু ৰোড তিনিআলি
গুৱাহাটী -  ২৩

পৃষ্ঠা ৩৯

প্রজাপতি সংবাদ

গোঁসাই মানুহ বা ইষ্ট কুটুম্বৰ ভিতৰত কাৰোবাৰ বিবাহোপযুক্ত ল'ৰা বা ছোৱালী থাকিলে বা কোনোবাই সু-পাত্ৰ সু-পাত্ৰীৰ সন্ধানত থাকিলে মহন্তনীয়ে নিজেই সেই গুৰু দায়িত্ব কান্ধত তুলি লৈছিল। নিজৰ জনা শুনাৰ মাজৰ পাত্ৰ-পাত্ৰীলৈ আঙুলিয়াই দিছিল। কেৱল সিমানতে সন্তুষ্ট নাথাকি উচিত বুলি বিবেচনা কৰিলে খেলখনৰ ফাইনেল পৰ্যন্ত মধ্যস্থতাও কৰিছিল।

নব্বৈ দশকৰ শেষৰ ফালে আৰু দুহেজাৰ চনৰ  আৰম্ভণিৰ কাল চোৱাৰ কথা। মেঘালী মহন্ত অৰ্থাৎ মাজনী হাইস্কুল পঢ়ি থকাৰে পৰা হায়াৰ চেকেণ্ডাৰী, ডিগ্ৰী পঢ়ালৈকে ঠিক এই সময় চোৱাত তাইৰ বেছ জনপ্ৰিয় আৰু সৰবৰাহী মাতৃদেৱী প্ৰণতি মহন্তৰ ঘটকালি কৰাৰ এক জোৱাৰ উঠিছিল। আজিৰ যুগত ক'বলৈ গ'লে এক প্ৰকাৰ ফেশ্যন অনুৰাগ।

গোঁসাই মানুহ বা ইষ্ট কুটুম্বৰ ভিতৰত কাৰোবাৰ বিবাহোপযুক্ত ল'ৰা বা ছোৱালী থাকিলে বা কোনোবাই সু-পাত্ৰ সু-পাত্ৰীৰ সন্ধানত থাকিলে মহন্তনীয়ে নিজেই সেই গুৰু দায়িত্ব কান্ধত তুলি লৈছিল। নিজৰ জনা শুনাৰ মাজৰ পাত্ৰ-পাত্ৰীলৈ আঙুলিয়াই দিছিল। কেৱল সিমানতে সন্তুষ্ট নাথাকি উচিত বুলি বিবেচনা কৰিলে খেলখনৰ ফাইনেল পৰ্যন্ত মধ্যস্থতাও কৰিছিল।

গোঁসাই গোষ্ঠীৰ প্ৰায় সকলোকে চিনি পোৱা বুলি খ্যাত মহন্তনীয়ে ভালেখিনি মানুহ চিনি পাইছিল সঁচা। সেয়েহে কাৰ ল'ৰা পঢ়াই শুনাই স্বভাৱে চেহেৰাই কোন ছোৱালীৰ সৈতে মিলিব বা কোন ঘৰৰ কাৰ সৈতে ৰাহিজোৰা খাপ খাব। এইবোৰ কথা এসময়ত তেখেতৰ নখ-দৰ্পনত আছিল। পৰচর্চা পৰনিন্দা চিধা চাধা মানুহজনীয়ে নকৰিছিল, কিন্তু এৰেঞ্জ মেৰিজৰ মাৰ্কেটখনত দুটা ভাল মানুহৰ ভালকৈ সমন্বয় ঘটক বুলি তেখেতে মনে প্ৰাণে কামনা কৰিছিল।

এইবোৰ কথা কাণ্ডৰ বাবে মহন্ত আৰু মাজনীৰ ককায়েক বুবুলে মাজে মাজে মানুহজনীক বকিছিল।

"কি দৰকাৰ তোমাৰ নলগা জেঙত লাগি ফুৰিবলৈ ?"
"এইবোৰ অনাহকত টেনশ্যন। বিন্দাচ বিয়া খাবা গিফ্ট দিবা হ'ল আৰু।"
"পিছত দৰা ঘৰে ছোৱালীৰ ঘৰে অশান্তি এখন লাগক তুমি মাজত এনেই ফচি মৰিবা।"

এইবোৰ কথাই কিন্তু প্ৰণতি মহন্তক টলাব পৰা নাছিল। নিজৰ আত্মীয় বাদ দি অন্য চিনা জনা মানুহৰো বিবাহ সূত্ৰ স্থাপন কৰাৰ উদ্যোগ হাঁহি মুখে মহন্তনীয়ে লৈ পেলাইছিল। আজিৰ যুগত হোৱা হ'লে তেখেতে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি ঘটকালিৰ এক ৰমৰমীয়া ব্যৱসায় কৰি পেলাব পাৰিলে হয়।

এইখিনিতে সদৰি কৰোঁ যে মাকৰ এই অমূল্য জিন অৰ্থাৎ গুণগত বৈশিষ্ট্য ফেৰা মাজনীলৈয়ো নহা নহয়। পিছলৈ, চিনা-জনা লগৰ ল'ৰা-ছোৱালীৰ মাজত লাইন লগাই দিয়া, চান্স দিয়া ইত্যাদি কামবোৰত তায়ো যথেষ্ট আনন্দ পাইছি। আন নালাগে নিজৰ বিয়াৰ ৰিচিপশ্যনৰ দিনাও তাই এই কামটো চুৰ্চুৰীয়াকৈ বেছ নিষ্ঠাৰে কৰিছিল। জোৰা লগাব খোজা এহালৰ বিয়া হৈ এতিয়া সুখী সংসাৰ। আনহালে যেনিবা বেলেগে বেলেগে যোৰা পাতি নিজৰ নিজৰ সুখৰ সংসাৰ তৰিছে।

বা, যা হওক এইবাৰ ঘূৰি আহোঁ মাজনীৰ মাতৃ দেৱীৰ অবৈতনিক ঘটক প্ৰতিষ্ঠানলৈ।

মহন্তহঁতৰ নিকট সম্বন্ধীয় বয়সত প্ৰায় চল্লিশৰ কাষ চপা বাপতি বোলা ল'ৰাটোৰ এড-হক বা টেম্পৰাৰী লেকচাৰাৰ পোষ্টটো পাৰমানেন্ট হ'ল। এতিয়া সি চৰকাৰী কলেজৰ নিয়মিত প্ৰফেশ্যৰ। গৌৰৱৰ সীমা নাই। বিগত ৮-৯ বছৰ ধৰি সি কইনা বিচাৰি ইতিমধ্যে হায়ৰণ। এতিয়া বিয়াৰ বজাৰত তাৰ দামো বাঢ়িল। সি ছোৱালী চাই হে চাই পছন্দ নহয়েই। কাৰোৰ যদি নাকটো ফেঁচা দেখে, কাৰোৰ গাটো বোলে বহল। কাৰোৰ যদি ৰূপ আছে, বোলে ডিগ্ৰী নাই। ডিগ্ৰী থকা কেইজনী আকৌ বয়সত হেনো পৈণত। মুঠতে বাপতিয়ে বিচৰা মতে কইনা নিমিলিছে হে নিমিলিছে। ঘৰে-ঘৰোৱাহে হাত তুলি দিছে।

প্ৰণতি মহন্ত, মানে সম্বন্ধত তাৰ পেহীয়েকে তাক বকে। বোলে, "তোৰতো কোনো কাৰ্তিক হেন চেহেৰা নহয়। ঐশ্বৰ্য ৰায়জনী ক'ৰপৰা আনি দিও ?"

সি  লাজ লাজকৈ কয়,
"ঐশ্বৰ্য নালাগে পেহী, কিন্তু অলপ অ-শকত এজনী বিচাৰি দিয়ক আৰু। আমাৰ ঘৰৰ তিনিওজনী বৌ গায়ে-গাৰীয়ে বেছ একোজনী। মোৰ বৰ হেঁপাহ মোৰজনী অন্তত অলপ লাহী ফিগাৰৰ হওক।"

মহন্তনীয়ে মনতে ভাবে "নিধক দেই সঁচা।"

মুখ ফুটাই একো নক'লে যেনিবা। নিজৰ মানুহ বিয়াখন পাতি দিবলৈ পালে পূণ্য হ'ব। গতিকেই পূৰ্ণদমে ছোৱালীৰ বিচাৰ খোচাৰ চলাই থাকিল। এদিন হেনো খোদ বাপতিৰ মাকেই মহন্তনীক ক'লে "থোৱা হে, এই ডাললৈ তুমিহে নালাগে আৰু কোনেও ছোৱালী নাপাইছে। যিমানহে ফৰ্মাইছ ইয়াৰ।"

ফোনত হোৱা হিচাপ নিকাচ, চাজেশ্যন ৰিজেকশ্যনবোৰ শুনি শুনি মাজনীহঁতৰ কাণ ঘোলা হৈছিল। এদিনতো বুবুলে কৈয়েই পেলালে,
"বাপতি দালৈ ছোৱালী পোৱা অসম্ভৱ। যিমানবোৰ ক্ৰাইটেৰিয়া মানে গুণ বিচাৰিছে তেনেকুৱা কম্বিনেশ্যন স্বয়ং প্ৰজাপতিয়েও বিচাৰি দিব নোৱাৰে।"

"ছোৱালী ওঠৰ বছৰীয়াও হ'ব লাগিব আকৌ এম এ পাছ ভি" লেখীয়া অভিযানটো কেলধোপ কেলধোপকৈ চুচৰি পিছলৈ ইতি পৰিছিলগৈ।
প্ৰেমত পৰি বিয়া কৰাই বাপতিৰ বোলে এতিয়া সুখৰ সংসাৰ। লিচপিচিয়া বৌজনী হেনো ল'ৰা-হালৰ জন্ম হোৱাৰ পিছৰে পৰা স্বাস্থ্য বিভাগত বাকী বোৱাৰী তিনিজনীৰ সমকক্ষ হৈ উঠিছে। বাপতিৰ অৱশ্যে আক্ষেপ নাই।

বাপতিৰে অনুৰূপ আছিল আৰু এজন। অলপ দূৰ অলপ নিকট সম্পৰ্কীয় পোনাটি। চকু মুদা কুলি মুখখন দেখিলে অসমৰ নে কোৰিয়াৰ ধৰিব নোৱাৰি। বিবাহোপযুক্ত, উপাৰ্জনক্ষম আন এক হায়ৰান যুৱক।

সিয়ো গোঁসাই ছোৱালী বিচাৰি গোটেইখন চলাথ কৰিলে। ফোনতে প্ৰণতি মহন্ত, অৰ্থাৎ তাৰ খুড়ীয়েকক খতিয়ান দিলে। মহন্তনীয়ে বোলে, "আহিবি এদিন। তোৰ মনৰ জোখাৰে কোনোবা থাকিলে বিচাৰি উলিয়াম।"

এমাহ মান পিছত পোনাটি আহি হাজিৰ। লগত এখন লম্বা লিষ্ট। উজনি অসমৰ প্ৰায় গোটেইবোৰ বিবাহোপযুক্ত গোঁসাই ছোৱালীৰ ডাটা আছে হেনো সেইখনত। অত্যন্ত গভীৰ আৰু বিস্তাৰিত ৰিচাৰ্চৰ ফচল সেই লিষ্ট। এতিয়া কইনা খান্দি উলিওৱাৰহে কথা।

লিষ্ট পঢ়ি পঢ়ি মাজনীৰ মাক মহন্তনীৰ মুখৰ বৰণ সলনি হৈ গৈ থাকিল।
"খালি কলিজা ! এই যে তিনি নম্বৰজনী তহঁতৰ নিজা বংশৰ কাট কাট নহ'ব।"

"এহ...হয় জানো ? কোৱালিফিকেশ্যনবোৰ বৰ পছন্দ হৈছিল মোৰ।" পোনাটিৰ তিনি নম্বৰক কাটিবলৈ মুঠেই ইচ্ছা নাই।

"হ'লে কিদাল হ'ল ? কিয় ! তাই সেই আমাৰ অমুক মামাৰ জেঠালেকৰ ভনীয়েকৰ এলেকৰ পেলেক কাট কাটি পেলা।" মহন্তনীৰ হুকুম।

তিনি নম্বৰ, কৰ্তন।

"এইজনীও কাট। এই তোৰ বাপেৰৰ পেহীয়েকৰ অমুকৰ তমুক। এতিয়াই কাট..."
এইবুলি দহ মিনিটত তেখেতৰ শেন চকুৰ তত্বাৱধানত পোন্ধৰ বিছজনী প্ৰচপ্ৰেক্টিভ কইনা কটা গ'লেই।

নাযাবনে ? গোঁসাই মানুহে গোঁসাই মানুহকে বিয়া পাতে। গতিকে একেখিনি চেম্পল চাইজতে ভূ-মণ্ডল ঘূৰি থাকে, নতুন কেণ্ডিডেট আহিব কৰ পৰা ?

প্ৰণতি মহন্তৰ লাহে লাহে খংটো বাঢ়িছিল। হেৰৌ এইপাতৰ লিষ্টত পেন্দুকনা, সতেজ অষ্টাদশী গাভৰুৰ নামো আছে। কম নহয় দেই। 

"এইজনী কোমল বয়সীয়া। সেইজনীয়ে তোতকৈ ভাল ল'ৰা পাব" জাতীয় কথাৰে তেখেতে কেচি চলাই থাকিল। লিষ্ট সৰু হৈ আহি থাকিল। লগতে পোনাটিৰ চকুহালো।

শেষলৈ মাজনীৰ মাক গৰজি উঠিল।
"খালি খালি বোপাই, এইটো...এইটো চোন আমাৰ মাজনীৰ নাম। নিজৰ ভনীয়েকজনীৰ নামটোও সাৰি নগ'ল তোৰ লিষ্টৰ পৰা হয়নে ?"

"নহয় ঔ খুৰীটি। মোক বেলেগ কোনোবাই কৈ দিছিল বুলিহে লিখিছোঁ। মই আকৌ আমাৰ মাজনীৰ পোচাকী নামটো নাজানিছিলোঁ যে।" পোনাটিয়ে এইবাৰ কাবৌ কাকূটি কৰিলে।

মাজনীৰ ভাল নামটো কাটোতে কাটোতে পেনৰ চিয়াঁহীয়েই ঢুকাই থাকিলগৈ। সদ্যহতে মহন্তনী আৰু পোনাটিৰ উদ্যমখিনিও শেষ হৈছিল।

পোনাটি পুৰাণৰ অকাল সমাপ্তিৰ পিছত এইবাৰ প্ৰণতি মহন্তই একেবাৰে নিকট আত্মীয়ৰ সম্বন্ধ কৰিবলৈ বাদ দিছিল। বহুত লেঠা। বেয়া পোৱা-পুই বাঢ়ে।

দূৰ সম্পৰ্কীয়, কেৱল চিনা জনাৰ মাজতে ঘটকালিটো থাকিলে কথাবোৰ ভাল হয়। সম্পূৰ্ণকৈ জড়িত নোহোৱাকৈয়ে তেখেতে কামটো কৰি দিব পাৰিব।

এনেকুৱা দিনতে এঘৰে ফোন কৰি মহন্তনীক খবৰ দিলে যে তেওঁলোকৰ ডাঙৰ ল'ৰাৰ বাবে এঘৰৰ ছোৱালীৰ সম্বন্ধ ওলাইছে। ছোৱালীৰ পঢ়া-শুনা, পৰিয়াল এইবোৰ বেছি মিলিছে।  গতিকে দুয়োঘৰে লগ ধৰিব বিচাৰে। কিন্তু অসুবিধাটো হ'ল, দুয়োঘৰেই গুৱাহাটীৰ বাহিৰৰ। গুৱাহাটীত দেখা কৰিব ক'ত ?
গুৱাহাটীতেই নো কিয় দেখা কৰিব বিচাৰিছে তাৰ উৱাদিহ মাজনীহঁতে নাপালে পিছে !

যি নহওঁক, পাকে প্ৰকাৰে দুই ঘৰকেই মহন্তনীয়ে চিনি পাই হেতুকে, মাজনীহঁতৰ ঘৰতেই তেওঁলোক মিলিত হ'ব বিচাৰে। প্ৰথম পৰ্যায়ৰ আলোচনা, দৰা বিদেশত থাকে, ছোৱালীও অন্য ঠাইত। গতিকে ফৰ্মেল পৰ্যায়ত নিউট্রেল গ্ৰাউণ্ড হিচাপে এই ঘৰখনেই সৰ্বোত্তম, বেষ্ট ঘাটি।

না কৰাৰ প্ৰশ্নই নুঠে। প্ৰবল উৎসাহেৰে মহন্তনীয়ে নিৰ্দিষ্ট দিনৰ যা-যোগাৰ আৰম্ভ কৰিলে। লুচী-ভাজি, মিঠাই চাহ-চিংৰা, বুন্দিয়া-ভুজিয়া মুঠতে বিশাল কাৰবাৰ।  আবেলিৰ চাহ মেলতেই দুই পাৰ্টীৰ দৰ্শন হ'ব।

এইবাৰ আহিল ফোন। দৰাৰ মাকৰ ডায়েবেটিচ, চেনি নিদিয়া গাখীৰ চাহ খাব, ছোৱালীৰ মাকে আকৌ ৰঙা চাহ খাব, ৱিথ চুগাৰ, তেখেত লেক্টজেন ইনটলাৰেণ্ট। দৰাৰ খুড়ায়েকে নৰমেল চাহ, মিঠাই বিস্কুট, কইনাৰ বাপেকে নিমখীয়া বিস্কুট। দৰাৰ জেঠায়েকে চাহ খাব গুৰ দিয়া।।এজনে যদি লুচী ভাজি খাব, আনজনৰ নচলিব। গতিকে চিৰা দৈৰ ব্যৱস্থা। পাকঘৰ উৰো উৰো।

সময়ত সকলো গোট খালে। প্ৰথম পৰ্ব চিনাকিৰ পিছত পাকঘৰত তুফান-মেইল চলিছে, মাজনীৰ মাকৰ মুখ আৰু হাত সমানে চলি আছে। মহন্তই উপায় নাপাই ড্রইংৰুমত বহি ঘৈণীয়েকৰ প্ৰক্সি দিছে।  মদাৰেটৰ-কাম-সূত্ৰধাৰীৰ অৱতাৰ লৈছে।

মানুহবোৰে কথা নেপাতে। হেহো-নেহো কৰিছে। মাকৰ ঠেলাৰ কোবত কথাচহকী মাজনীয়ে কথা পাতি চিটুৱেশ্যনটো অলপ সহজ কৰি তুলিলে। মানুহবোৰো অলপ সহজ হ'ল যেনিবা।

চাহ মেল শেষ কৰি ঠিক লুচী ভাজিৰ আগত এইবাৰ গহীনকৈ বিয়াৰ কথা আৰম্ভ হ'ল। দুই পাৰ্টিৰ মাক দুয়োজনীয়ে সমানে পাত্ৰ আৰু পাত্ৰীৰ গুণ বখানিবলৈ লাগি গ'ল। কথাবোৰ শুনি মাজনী, বুবুল আন নালাগে মহন্তৰো ভাব হ'ল, এইবাৰ হে এইবাৰ, পাভ যোৰা।

হঠাৎ নিমাখিত যেন লগা খুড়ায়েকে মাজতে মাত এষাৰ লগালে,
"ছোৱালীয়ে পিছে কোন চনত মেট্ৰিক পাছ কৰিলে ?"

"১৯..." বুলি যিটো চন কইনাৰ মাকৰ মুখেদি ওলাল, সেইটো শুনি দৰাৰ মাক উচপ খাই উঠিল।

"আইযৌ। কইনা দৰাতকৈ তিনি বছৰ ডাঙৰ। এই যোৰা নিমিলিব, এই বিয়া অসম্ভৱ।"
দৰাৰ মাক এইবাৰ বেছ মুখৰা হৈ উঠিছিল। কইনা ডাঙৰ ওলাল, কম কথা নে !

মুহূৰ্ততে মাজনীহঁতৰ ঘৰৰ ড্রইংৰুমটো নিস্তব্ধ হৈ পৰিল। মানুহবোৰৰ মুখৰ মাত আকৌ হেৰাল। এইবাৰ মাজনীয়ো নীৰৱ।

নব্বৈৰ দশক। কইনা দৰাতকৈ  দুই এক বছৰ ডাঙৰ হ'লে প্ৰেম বিবাহৰ ক্ষেত্ৰত যি বা ঠেলি হেঁচুকি মান্তি কৰাই ল'লেও, এৰেঞ্জ মেৰিজত ? প্রশ্নই নুঠে।

সেমেনা সেমেনি কৰি "এহ.. আজিলৈ আৰু উঠোঁহে" বুলি মানুহবোৰ যাবলৈ ওলাল। পাকঘৰত লুচী ভাজি থকা মহন্তনী আৰু মাজনীৰ সম্বন্ধীয় বায়েক এজনীয়ে কি হ'ল তলকিবই নোৱাৰিলে।

মানুহবোৰে কৰমৰ্দন কৰি নমস্কাৰ কৰি মহন্তনীক "আপুনি ঘৰখন ধুনীয়াকৈ ৰাখিছে দেই" বুলি তোষামোদ কৰি চফ কেইটামান গলিয়াই নিজৰ নিজৰ গাড়ীত উঠি গ'লগৈ। দৰাৰ জেঠায়েকে বাটত খাবলৈ তেখেতৰ পৰা মিঠাপতি পাণ তামোল চূণ-চাধা ইত্যাদিৰ টোপোলা এটাও সৰকাই ল'লে।

পিছত আলহীলৈ বুলি বনোৱা লুচী মিঠাই খাই খাই বুবুল মাজনীহঁতে ডাইনিং টেবুলত হাঁহিৰ জোৱাৰ তুলিলোঁ। বুবুলে মাকক ক'লে,
"পালা মজা পৰোপকাৰৰ।"

মহন্তই বাকীবোৰক উদ্দেশ্যি, ঘৈণীয়েকৰ প্ৰতি সান্ত্বনাসূচক ভাবত বোলে,
"ভালেই হ'ল দে। আমিয়ো লুচী খাবলৈ পালোঁ। মাজনীৰহে পাকঘৰত লটি ঘটিখন হ'ল।"

ইমানপৰে মনে মনে মাজনীহঁতক লুচী বিলাই থকা মাকে টপৰাই মাতিলে,
"কাণত ধৰিছোঁ আৰু দেই। এনেকৈ মানুহ মাতি জোৰ-জুলুমখন নাখাওঁ আৰু। বিয়া হওক নহওঁক, মই মাজত নোসোমাও।"

প্ৰণতি মহন্তই লোৱা শপত কিমান দূৰ ৰাখিলে নাজানো। কিন্তু আজিও মাজনী বুবুলহঁতে মাকক এই কথাটো কৈ কৈ জোকাবলৈ নেৰিলে। ঘটক হোৱাৰ সপোনটো মহন্তনীয়ে হয়তো সিমানতেই জ্বলাঞ্জলী দি আন প্ৰতিভামূলক কামত মনোনিবেশ কৰিছিল। কিন্তু যোগ্য ল'ৰা-ছোৱালী এহালৰ কৰবাত বিয়া হৈছে বুলি শুনিবলৈ পালে তেখেতৰ মুখত সন্তোষৰ হাঁহিটো সদায়েই ফুটি উঠিছিল।

ৰূপালীম মহন্ত
বেংগালুৰু, কৰ্ণাটকা।

পৃষ্ঠা ৪০
কথোপকথনঃ


পাঠক সমাজলৈ আমি অঙ্গনৰ পৰিয়ালে সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আমাৰ কথোপথকন অনুষ্ঠান। আজি আমাৰ লগত আছে যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা মহাপুৰুষ দুজনাৰ মহান সৃষ্টি বৰগীতৰ ওপৰত গবেষণা কৰি ডক্টৰেত ডিগ্ৰী লাভ কৰা ডঃ পবিত্ৰ প্ৰাণ গোস্বামী দেৱ। ডঃ গোস্বামী দেৱ সৰ্বপ্ৰথমে আমি আপোনাক আমাৰ অঙ্গনৰ মজিয়ালৈ উষ্ম আদৰণি জনালো।
আপোনালৈ আমাৰ প্ৰথম প্ৰশ্ন...

প্ৰশ্নঃ আমাৰ পাঠকৰ বাবে আপোনাৰ পৰিচয়টো চমুকৈ দিব  নেকি ?
উত্তৰঃ মোৰ জন্ম ১৯৫২ চনৰ ১৩ চেপ্টেম্বৰত যোৰহাট জিলাৰ চাৰিগাঁও মৌজাৰ অন্তৰ্গত ২ নং বামুণগাঁৱৰ দক্ষিণ-পূবে ভোগদৈ নদীৰ পাৰত অৱস্থিত শ্ৰীশ্ৰী সাউদকুছি সত্ৰত। মোৰ পিতৃ আছিল প্ৰয়াত চক্ৰধৰ মহন্ত আৰু মাতৃ আছিল প্ৰয়াত প্ৰেমদা দেৱী।

প্ৰশ্নঃ  আপোনাৰ শিক্ষা জীৱনৰ কথা কওকচোন।
উত্তৰঃ মোৰ শিক্ষা জীৱনৰ আৰম্ভণিটো অলপ আমোদজনক। আমাৰ দিনত ছবছৰ বয়স নোহোৱালৈকে ল'ৰা-ছোৱালীৰ বিদ্যাৰম্ভ নকৰিছিল বা স্কুললৈ নপঠিয়াইছিল। মোৰো ছবছৰ বয়সত বিদ্যাৰম্ভ কৰি মানে নামঘৰত শৰাই এখন দি লগৰ ল'ৰা-ছোৱালী কেইটামানক পায়স অকণ খুৱাই দেউতাই আখৰ চিনাই দিলে আৰু ক-শ্ৰেণীৰ কিতাপখন আনি দিলে। কেইদিনমানৰ ভিতৰত সেইখন শেষ কৰিলোঁ। তাৰ পাছত খ-শ্ৰেণীৰখন আনি দিলে সেইখনো শেষ কৰিলোঁ।  প্ৰথম শ্ৰেণীৰ কিতাপখন পঢ়ি থাকোঁতেই  আমাৰ সত্ৰৰ চৌহদৰ ভিতৰতে সত্ৰৰ নামেৰেই পতা ১৬ নং সাউদকুছি সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ  ঘৰটো ধুমুহাত ভাগি থাকিল। দেউতাই সাময়িকভাৱে আমাৰ চ'ৰাঘৰতে স্কুল বহুৱাবলৈ ব্যৱস্থা কৰি দিলে। মই তেতিয়া দেউতাই গম নোপোৱাকৈয়ে শিক্ষকক তামোল-পাণ এটাই পইচা চাৰি অনাই দি নাম লগাই ল'লোঁ।  শিক্ষকে কোন শ্ৰেণীত নাম লগাবা বুলি সোধাত মই প্ৰথম শ্ৰেণীত বুলি ক'লোঁ, কাৰণ মই তেতিয়া প্ৰথম শ্ৰেণীৰ কিতাপ পঢ়ি আছিলোঁ। এনেদৰে মই লগৰ ল'ৰা-ছোৱালীবোৰতকৈ দুবছৰ আগবাঢ়ি গ'লোঁ। পাছতহে গম পাইছিলোঁ দেউতাই হেনো মোক প্ৰাথমিক শিক্ষাটো ঘৰতে দি পোণে পোণে হাই স্কুলত নাম লগাই দিয়াৰ কথা ভাবিছিল। সি যি নহওক,  প্ৰাথমিক শিক্ষা সেইখন স্কুলৰ পৰাই সাং কৰি মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰোঁ ৰেৱকান্ত বৰুৱা পাব্লিক হাই স্কুলৰ পৰা ১৯৬৮ চনত। কলেজীয়া শিক্ষা গ্ৰহণ কৰোঁ জে বি কলেজত। ১৯৭২ চনত ইংৰাজী বিষয়ত সন্মান সহ  বি এ পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত নাম লগাওঁ আৰু তাৰ পৰাই এম এ ডিগ্ৰী লওঁ। পাছত যোৰহাট কলেজত শিক্ষকতা কৰি থকাৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম ফিল আৰু পি এইছ ডি ডিগ্ৰী লওঁ।

প্ৰশ্নঃ বৰগীত চৰ্চাৰ আৰম্ভ আপোনাৰ জীৱনত কেনেদৰে হৈছিল ?
উত্তৰঃ মই কৈছোঁৱেই নহয় যে মোৰ জন্ম এখন সত্ৰত। গতিকে সৰুৰে পৰাই দেউতাৰ লগত নামঘৰলৈ যোৱাৰ অভ্যাস আছিল। অলপ জনা বুজা হোৱাৰে পৰা চকু-কাণ মুকলিকৈ ৰাখিছিলোঁ কাৰণে দেখি-শুনিয়েই বহুত কথা লিখিছিলোঁ। লগতে দেউতাৰ পৰাও পোণপটীয়াভাৱে পাইছিলোঁ বৰগীতৰ শিক্ষা। এনেদৰে সৰুৰে পৰাই মোৰ বৰগীত চৰ্চা আৰম্ভ হৈছিল বুলি ক'ব লাগিব।

প্ৰশ্নঃ ইংৰাজী বিষয়ৰ ছাত্ৰ হৈয়ো আপুনি বৰগীতকে মূল বিষয় হিচাপে লৈ ডক্টৰেট কৰাৰ ক্ষেত্ৰত কি কথাই অনুপ্ৰেৰণা দিছিল ?
উত্তৰঃ মোৰ দেউতাই সচেতনভাৱে বৰগীতৰ চৰ্চা কৰিছিল। বৰগীতৰ শাস্ত্ৰীয় বৈশিষ্ট্য সম্পৰ্কে অধ্যয়ন কৰিছিল। বৰগীতক শাস্ত্ৰীয় সংগীত হিচাপে প্ৰতিপন্ন কৰিবলৈ দেউতাই অহোপুৰুষাৰ্থ কৰিছিল। কাকতে-পত্ৰই প্ৰবন্ধ লিখাৰ উপৰি বিভিন্ন জনৰ লগত আলোচনা বা তৰ্কত লিপ্ত হৈছিল। সেইবোৰ দেখি শুনি মোৰ মনতো সৰুৰে পৰাই বৰগীত সম্পৰ্কে এক কৌতুহল জাগিছিল। তাতে সত্ৰই সত্ৰই বৰগীতৰ ৰাগ-তালৰ ভিন্নতা সম্পৰ্কে যিবোৰ কথা সততে আলোচিত হৈ থকা শুনিবলৈ পাইছিলোঁ সেইবোৰেও মোৰ মনত এই বিষয়ে অনুসন্ধান কৰাৰ আগ্ৰহ এটা জন্মাইছিল। তেনে এক উদ্দেশ্য আগত ৰাখিয়েই, বিশেষকৈ স্বৰলিপি কৰাৰ দক্ষতাটো অৰ্জন কৰিবলৈকে মই বহু দেৰিকৈ হিন্দুস্থানী সংগীতৰ শিক্ষাও লৈছিলোঁ। সৰ্বোপৰি মোৰ গৱেষণাৰ তত্ত্বাবধায়ক, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট পণ্ডিত, প্ৰয়াত কেশৱানন্দদেৱ গোস্বামী ছাৰে, এটা বিশেষ অনুষ্ঠানত মোৰ সামান্য পৰিচয় পাই, মোক বৰগীতৰ বিষয়ে গৱেষণা কৰিবলৈ কৈ উপযাচি মোৰ গৱেষণাৰ তত্ত্বাবধায়ক হোৱাৰ আগ্ৰহ প্ৰকাশ কৰা কথাটোৱে মোক কামটোত আগবাঢ়িবলৈ প্ৰেৰণা যোগালে। 
মই কেৱল পি এইছ ডি ডিগ্ৰীটোৰ বাবে গৱেষণা কৰাৰ কথা ভবা নাছিলোঁ। সেয়ে হোৱা হ'লে মোৰ এম ফিলৰ ডিছাৰটেশ্যনখনকে অলপ বহলাই লিখিয়েই ডিগ্ৰীটো পাব পাৰিলোঁহেঁতেন। মই বিচাৰিছিলোঁ মোৰ গৱেষণা কৰ্মৰ দ্বাৰা অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত কিবা এটা দৰকাৰী কাম হওক। সেইবাবেই মই ইংৰাজী সাহিত্যৰ ছাত্ৰ হৈও গৱেষণা কৰিলোঁ বৰগীতৰ বিষয়ে।

প্ৰশ্নঃ আপুনি বৰগীতক স্বৰলিপিবদ্ধ কৰাৰ আঁৰত কি উদ্দেশ্য আছিল ? 
উত্তৰঃ বৰগীতক স্বৰলিপিবদ্ধ কৰাৰ উদ্দেশ্যে হ'ল বৰগীতৰ ৰাগ বা সুৰসমূহক বিজ্ঞানসন্মতভাৱে তথা ছাত্ৰ-ছাত্ৰীয়ে শিকাত সহায় হোৱাকৈ  লিপিবদ্ধ কৰি সংৰক্ষণ কৰা। 

প্ৰশ্নঃ আপুনি আপোনাৰ গ্ৰন্থত বৰগীতবোৰক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰাগৰ দৰেই আৰোহ-অবৰোহ-মূখ্যাঙ্গ আৰু লক্ষণগীতৰে সজাই তুলিছে । ইয়াৰ প্ৰাসঙ্গিকতা ?
উত্তৰঃ বৰগীত যিহেতু শাস্ত্ৰীয় সংগীত গতিকে ইয়াৰ বিজ্ঞানসন্মত প্ৰশিক্ষণ দিবলৈ যাওঁতে আমি হিন্দুস্তানী সংগীতৰ দৰেই দিব লাগিব। ৰাগ এটা শিকাওঁতে তাৰ আৰোহ-অৱৰোহ, মুখ্যাংগ বা অন্যান্য লক্ষণসমূহৰ বিশ্লেষণ নকৰাকৈ শিকাব নোৱাৰি। আকৌ লক্ষণসমূহ সহজে মনত ৰখাৰ উপায় হিচাপেই লক্ষণ গীতসমূহ দিয়া হৈছে।

প্ৰশ্নঃ আপুনি আপোনাৰ গ্ৰন্থত বৰগীতক প্ৰবন্ধগীতৰ ধাৰা হিচাপে প্ৰতিপন্ন কৰাৰ কাৰণটো ক'ব নেকি ?
উত্তৰঃ শংকৰ-মাধৱৰ অপূৰ্ব সৃষ্টি বৰগীতৰ সংগীত ধাৰাটোৱে প্ৰাচীন প্ৰবন্ধ গান শৈলীৰ ঐতিহ্য বহন কৰে। পণ্ডিত শাৰংগদেৱৰ "সংগীত ৰত্নাকৰ" গ্ৰন্থত বৰ্ণিত প্ৰবন্ধ গানৰ বৈশিষ্ট্যসমূহ বৰগীতৰ প্ৰসংগীয়া গায়ন শৈলীত পৰিস্ফুট হয়। প্ৰসংগীয়া গায়ন শৈলী বোলোঁতে আমি সত্ৰ বা ৰাজহুৱা নামঘৰত খোল-তাল লৈ সমূহীয়াকৈ কৰা প্ৰসংগ প্ৰণালীৰ কথা বুজিব লাগিব। শাৰংগদেৱৰ বৰ্ণনাত আমি " উদগ্ৰাহ, মেলাপক, ধ্ৰুৱ, অন্তৰা আৰু আভোগ" - প্ৰবন্ধ গান এটাৰ এই যি পাঁচটা ধাতু বা অংশৰ উল্লেখ পাওঁ,  বৰগীতৰ প্ৰসংগীয়া গায়ন শৈলীটোও সেই পাঁচটা ধাতু বা অংশৰ মাজেদি সম্পূৰ্ণ হোৱা দেখা যায়। 
প্ৰবন্ধ গান এটা গাবলৈ লওঁতে প্ৰথমে এক খণ্ড নিৰ্গীত বাদ্য বা বাজনা বজাই লৈছিল আৰু তাকে উদগ্ৰাহ বুলিছিল। আমাৰ বৰগীতৰ প্ৰসংগো আৰম্ভ হয় চাহিনী, গুৰুঘাত আদি বাজনাৰে, যাক আমি প্ৰবন্ধৰ উদগ্ৰাহ অংশৰে ৰিজাব পাৰোঁ। 
উদগ্ৰাহ ৰূপী নিৰ্গীত বাদ্য খণ্ডৰ পিছত আহে প্ৰবন্ধৰ মেলাপক অংশ, য'ত ৰাগৰ আলাপ কৰা হয়। বৰগীতৰো গুৰুঘাতৰ অন্তত  আৰম্ভ হয় (চাৰি তালি, এক খালীৰ এক দশমাত্ৰিক ছন্দত চলি থকা) ৰাগ-তালনি বাজনা আৰু সেই বাজনাৰ তালে তালে ৰাগৰ গায়ন। ৰাগ- তালনিৰ তালে তালে ৰাগ দিয়া এই অংশটো প্ৰবন্ধৰ মেলাপক অংশৰে তুলনাযোগ্য। 
মেলাপক ধাতুৰ পিছত আহে প্ৰবন্ধৰ ধ্ৰুৱ অংশ, য'ত গীতৰ আৰম্ভণি হয়। বৰগীত এটাৰো প্ৰথম দুশাৰীৰ আগত ধ্ৰুং বুলি লিখা থাকে, যিটো ধ্ৰুৱৰে সংক্ষিপ্ত ৰূপ।
প্ৰবন্ধ গান এটাৰ সামৰণি সূচক অংশটোৰ নাম আভোগ। খোল প্ৰসংগ কৰি গোৱা বৰগীত এটাৰ শেষৰ শাৰীটো ঠেলা-বাজনা নামৰ এক দীঘলীয়া বোল ৰচনাৰ সংযোগত ঘূৰাই ঘূৰাই গাই সামৰে। খোল-তালত ঠেলা ধৰাৰ লগে লগে মানুহে গম পাই যায় গীতৰ সামৰণি পৰিল বুলি। গতিকে বৰগীতৰ ঠেলা-বাজনাৰ সংযোগত গাই সামৰণি মৰা অংশক প্ৰবন্ধৰ আভোগ অংশৰে ৰিজাব পাৰি।
শাৰংগদেৱে কোনো কোনো প্ৰবন্ধ গানত অন্তৰা নামৰ অংশ এটাৰ উপস্থিতিৰ কথাও কৈছে। ধ্ৰুৱ আৰু আভোগৰ মাজত অন্তৰ বা পাৰ্থক্য সূচিত কৰা ধাতুটোৰ নামেই হ'ল অন্তৰা। বৰগীতৰ ক্ষেত্ৰতো দেখা যায় যে ধ্ৰুৱ অংশ কেৱল এখন তালতে (পৰিতাল বা জৌতি) গোৱা হয় আৰু শেষৰ পদফাকি ঠেলা-বাজনা নামৰ এক দীঘলীয়া বোল ৰচনাৰ সংযোগত ঘূৰাই ঘূৰাই গাই সামৰা হয়, যিখন বাজনাৰ বৰগীতৰ অনুষংগী অন্যান্য তালৰ লগত সাদৃশ্য নাই। মাজৰ পদ অংশ কিন্তু বিভিন্ন তালত গায়। একেফাকি পদতে আনকি দুখন দুখন তাল সংযোগ কৰিও গোৱা হয়।  গতিকে ধ্ৰুৱ অংশ আৰু সামৰণি (আভোগ) অংশৰ গায়কীৰে স্পষ্ট পাৰ্থক্য থকা বিভিন্ন তালত গোৱা বৰগীত এটাৰ মাজৰ পদ অংশক আমি প্ৰবন্ধ গানৰ অন্তৰা অংশৰে ৰিজাব পাৰোঁ। এনেবোৰ সাদৃশ্যই বৰগীতক প্ৰাচীন প্ৰবন্ধ গান শৈলীৰ ঐতিহ্য বহন কৰা এক সংগীত ধাৰা হিচাপে প্ৰতিপন্ন কৰে।
স্মৰ্তব্য যে প্ৰবন্ধ গানৰ সংগীত ধাৰাটো উত্তৰৰ ধ্ৰুপদ আৰু দক্ষিণৰ কীৰ্তন বা কৃতীতকৈও পুৰণি। শংকৰদেৱৰ সময়ত এই প্ৰবন্ধ গানৰ ধাৰাটো ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত, বিশেষকৈ পুৰিৰ জগন্নাথ  মন্দিৰ,  বৃন্দাবনৰ শ্ৰীনাথজীৰ মন্দিৰ আদি তীৰ্থ স্থানসমূহত জনপ্ৰিয় ৰূপত আছিল। গুৰুজনে তীৰ্থ ভ্ৰমণৰ কালছোৱাত অন্যান্য শিক্ষাৰ লগতে এই প্ৰবন্ধ গানৰ সংগীত শৈলীটোও আয়ত্ত কৰি আহি তাৰ আৰ্হিতে বৰগীত ৰচনা কৰিলে বুলি ভবাৰ যুক্তি-যুক্ততা আছে।

প্ৰশ্নঃ হিন্দুস্তানী সংগীত আৰু বৰগীতৰ মাজত আপুনি কি মিল আৰু কি অমিল দেখা পায় ?
উত্তৰঃ আজিৰ হিন্দুস্তানী সংগীতৰ লগত বৰগীতৰ যথাৰ্থ তুলনা সম্ভব নহয়। কাৰণ বৰগীতৰ সংগীত ধাৰাটো কমেও পাঁচশ বছৰ পুৰণি আৰু বিগত পাঁচশ বছৰত হিন্দুস্তানী সংগীতে বহু বিৱৰ্তনৰ মাজেদি আহি এক নতুন ৰূপ লৈছে। মূলতঃ সেই কাৰণেই বৰগীতৰ ৰাগ-তালবোৰৰ লগত হিন্দুস্তানী ৰাগ-তালবোৰৰ সাদৃশ্যতকৈ বৈশাদৃশ্যহে বেছি দেখা যায়।

প্ৰশ্নঃ বৰ্তমান প্ৰজন্মক বৰগীত প্ৰসঙ্গত আপোনাৰ ক'বলগীয়া ?
উত্তৰঃ বৰ্তমান প্ৰজন্মৰ যিসকলে বৰগীতৰ চৰ্চা কৰি আছে বা কৰাৰ প্ৰতি আগ্ৰহী তেওঁলোকক এটা কথাই কওঁ তেওঁলোকে যেন অলপ কষ্ট কৰি হ'লেও বৰগীতৰ প্ৰসংগীয়া গায়ন শৈলীটো আয়ত্ত কৰি লৈ সেইমতেহে বৰগীতৰ চৰ্চা কৰে। কাৰণ কেৱল প্ৰসংগীয়া গায়ন শৈলীৰ মাজেদিহে বৰগীতৰ সাংগীতিক বৈশিষ্ট্যৰাজি পৰিস্ফুট হয়, যিখিনি বৈশিষ্ট্যই বৰগীতক প্ৰাচীন প্ৰবন্ধ গান শৈলীৰ ঐতিহ্য বহনকাৰী এক সংগীত ধাৰা হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে।

             ধন্যবাদ ডঃ গোস্বামী দেৱ। আপোনাৰ বহুমূলীয়া সময়ৰ অলপমান সময় আমাক দি আমাৰ লগতে অঙ্গনৰ পাঠক সকলক বৰগীতৰ বিষয়ে তত্বগধূৰ কথাৰে যি উপকাৰ কৰিলে, তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ। আমি অঙ্গনৰ পৰিয়ালে আপোনাৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কমনা কৰিলো। সদৌ শেষত পুনৰবাৰ আপোনালৈ আন্তৰিক ধন্যবাদ জনাই আজিৰ কথোপকথন অনুষ্ঠানটিৰ ইমানতে সামৰণি মাৰিলো।

সাক্ষ্যাত গ্ৰহণ কৰিলে অঙ্গনৰ প্ৰতিনিধি
সংহিতা পূজাৰীয়ে।

পৃষ্ঠাঃ ৪১
শিশু সাহিত্যঃ
জয়মতী কুঁৱৰী

মৰমৰ মইনা , মইনীহঁত তোমালোকে নিশ্চয় জয়মতী কুঁৱৰীৰ নাম শুনিছা ৷ ইতিহাস প্ৰসিদ্ধ অসমৰ এটি উজ্জ্বল নাৰী চৰিএ হৈছে মহাসতী জয়মতী ৷ জয়সাগৰ পুখুৰীৰ পাৰত জয়াৰ কিৰীটি জয়দল আজিও সগৌৰবে থিয় দি আছে ৷ এই জয়মতী কুৱৰীৰ আত্মত্যাগ সঁচাকৈয়ে বিৰল ৷ জয়মতী কুৱৰীৰ জন্ম হৈছিল মাদুৰিৰ লাইথেপেনা বুঢ়াগোহাঁইৰ ঔৰষত আৰু চন্দ্ৰদাৰ আইদেউৰ গৰ্ভত ৷ জয়মতী কুৱৰীৰ বিবাহ হৈছিল তুংখুঙ্গীয়া ফৈদৰ গোৱৰ ৰজাৰ পুত্ৰ লাঙি গদাপাণিৰ লগত ৷ তেওঁৰ দুটি পুত্ৰ লাই আৰু লেচাই ৷ ল'ৰা ৰজা চুলিক্‌ফা ৰজা হৈয়ে লালুকসোলা বৰফুকনৰ কথামতে ৰাজ পৰিয়ালৰ ৰজা হোৱাৰ বাবে যোগ্য প্ৰতিজন কোঁৱৰক অঙ্গক্ষত কৰিবলৈ ধৰিলে। কাৰণ সেই সময়ৰ আহোম ৰাজতন্ত্ৰৰ নিয়ম আছিল যে নিঘুণী আৰু সুস্বাস্থ্যবান কোঁৱৰহে ৰজা হ'ব পাৰিব ৷ সেয়েহে সকলোকে অঙ্গক্ষত কৰাৰ পাচত তুংখুঙ্গীয়া ফৈদৰ গদাপাণি কোঁৱৰক বিচাৰিলে ৷ কিন্ত তেওঁক কতো বিচাৰি নেপালে ৷ শেষত ৰজাৰ সৈন্যই জয়মতীক ধৰি ৰাজসভালৈ লৈ গ'ল ৷ ৰাজসভাত জয়মতী পৰা কোনো উত্তৰ নেপালে ৷ ৰজাৰ বৰ খং উঠিল আৰু জয়মতীক চাওদাঙৰ হাতত গতাই দিলে ৷ আৰু কলে “ যেনেকৈ পাৰ এইৰ পৰা গদাপাণিৰ বাতৰি উলিয়াবই লাগিব "৷ তোমালোকে জেৰেঙা পথাৰৰ নাম শুনিছা নহয় ? তাৰ সোমাজতে থকা এজোপা কুটকুৰা গছত বান্ধি চাওদাঙহঁতে জয়মতীক নানান শাস্তি দিলে ৷ গাত গৰম পানী ধালি দিলে , চমতাৰে কোৱালে , চোৰাত পাত গাত সানি পানী ঢালি দিলে কিন্ত জয়মতীয়ে মুখেৰে একোকে নেমাতিলে ৷ ২১ দিন এইদৰে অমানুষিক অত্যাচাৰ সহ্য কৰি জয়মতীয়ে প্ৰাণ ত্যাগ কৰিলে ৷ জয়মতীৰ অতুলনীয় পতিভক্তি আৰু স্বদেশপ্ৰেমৰ বাবে মৰিও অমৰ হ'ল ৷ এদিন চুলিকফাৰ অত্যাচাৰী শাসনৰ অন্ত পৰিল আৰু ১৬৮১ খৃষ্টাব্দত জয়মতীৰ স্বামী গদাপাণিক যথাবিহিত ভাৱে সিংহাসনত বহুৱালে  আৰু তেওঁ গদাধৰসিংহ নামলৈ দেশ শাসন আৰু প্ৰজাপালন কৰি গ'ল ৷

অদিতি খাওন্দ
জাঁজী জামুগুৰি ( শিৱসাগৰ ) 
ফোন = ৯৭০৭৭৫১১৫০


পৃষ্ঠা ৪৩
ৰেচিপিঃ
আখলৰ জুতি

এতিয়া গৰমৰ বতৰ। এই সময়ত আমাৰ বাৰীবোৰত বিভিন্ন  ফল মূলৰ পয়োভৰ দেখা যায়।  ইয়াৰে কিছুসংখ্যক ফল -মূলৰ সংৰক্ষণ প্ৰক্ৰিয়া  তাহানিৰ আইতাহঁতে কৰিবলৈ শিকাইছিল। তেওঁলোকে কৰা তেতিয়াৰ সেই সংৰক্ষণ পদ্ধতি বৰ্তমানে বহু উন্নত হ'ল। সহজতে পোৱা বস্তু বোৰেৰে এনে গৰমৰ দিনত বিভিন্ন ধৰণৰ শীতল পানীয়, আচাৰ ,জাম জেলি ইত্যাদি বিভিন্ন বস্তুৰে আখল ঘৰ ভৰি পৰিছিল আৰু ইয়াৰ জুতিৰে সকলোৱে এক বিশেষ তৃপ্তি  লাভ কৰিছিল।  আজি আমি তেনে এপদ বিশেষ আচাৰৰ প্ৰস্তুত কৰণ প্ৰক্ৰিয়া আপোনালোকলৈ আগবঢ়াইছো। অকণমান সময় খৰছ কৰি আপোনাৰ কাষতে পোৱা সাধাৰণ বস্তু কেইপদ যোগাৰ কৰি  আপুনিও তৈয়াৰ কৰি চাওকচোন আৰু পৰিয়ালৰ সকলোকে ইয়াৰ জুতি দিয়ক।

কুমলীয়া কঁ‌ঠালৰ আচাৰ

প্ৰয়োজনীয় সামগ্ৰীসমূহঃ

কুমলীয়া কঁ‌ঠাল (মুছি) এটা, মিঠাতেল,  জিৰা, ধনীয়া, চফ,  জনি, হালধি, নিমখ , জলকীয়া গুড়ি,  নেমুৰ ৰস বা ভিনেগাৰ।

প্ৰস্তুতকৰণ প্ৰণালীঃ

      কঁ‌ঠালটোৰ বাকলি খিনি গুচাই লওক আৰু সৰু সৰু টুকুৰা কৰি কাটি লওক।  এটা কুকাৰত অথবা চচপেন /কেৰাহীত অলপ পানী দি  টুকুৰা বোৰ সিজিবলৈ দিয়ক।   অলপ সিজিলেই হ'ব (এটা হুছেইল দিলেই হয়)। ঠাণ্ডা হোৱাৰ পিছত টুকুৰাবোৰ পানীৰ পৰা টুকি লওক আৰু বহল কাঁ‌হী বা ডলা এখনত আন্দাজ মতে নিমখ হালধি সানি টান ৰ'দত তিনিঘণ্টা মান শুকাবলৈ দিয়ক।   শুকান কেৰাহী এখনত কম জুই দি একচামুচ কৈ জিৰা, ধনীয়া গুটি, চফ আৰু জনী   সমপৰিমাণত লৈ ভাজক আৰু ঠাণ্ডা হোৱাৰ পিছত খুন্দনা  বা মিক্সিত গুড়ি কৰি  লওক।  ১০০ গ্ৰাম মিঠাতেল কেৰাহী এখনত গৰম কৰি শুকোৱাই ৰখা কঠালৰ টুকুৰা খিনি ঠাণ্ডা হোৱাৰ পিছত তাতে দিয়ক। তাৰ পিছত মছলাৰ গুড়িখিনিও তাতে মিহলাই দিয়ক। আপোনাৰ যদি জলকীয়া প্ৰিয় তেন্তে আপোনাৰ জোখমতেই তাত জলকীয়া গুড়ি মিহলাই দিয়ক।  ভালদৰে শুকান হেতা এখনেৰে লৰাই টুকুৰাবোৰত মচলাৰ গুড়িবোৰ ভালদৰে সোমাবলৈ দিয়ক । ১০-১৫ মিনিটৰ পিছত ডাঙৰ চাহ চামুচেৰে  দুচামুছ নেমুৰ  ৰস অথবা ভিনেগাৰ এচামুচ দি ভালদৰে মিশ্ৰণ হ'বলৈ দিয়ক। এটা কাচৰ বৈয়ামত ভৰাই  দুই তিনি দিন মান ভাল ৰ'দত ৰ'দাওক আৰু ভাত বা ৰুটীৰ সৈতে পৰিৱেশন কৰক।    এইদৰে আপুনি আমলখি,  সৰু  জলফাইৰো  গোটাকৈ আচাৰ বনাই জুতি ল'ব পাৰে।

মনীষা ভূঞা
কমলাবাৰী, মাজুলী


পৃষ্ঠা ৪৪
শেষ পৃষ্ঠাৰ লেখাঃ

অসমৰ শিক্ষা ব্যৱস্থাত  বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা

অসমবাসীয়ে অসমৰ প্রাকৃতিক সম্পদৰ পূর্ণ ব্যৱহাৰ কৰি ইয়াৰ পৰা সাম্ভাৱ্য  সকলো প্রকাৰৰ লাভ উঠাব পৰা বুলি ক'ব নোৱাৰি। অসমৰ কৃষি উৎপাদন এই দেশৰ চাহিদা পুৰণ কৰাৰ বাবে এতিয়াও পর্য্যাপ্ত নহয়। কৃষিৰ ক্ষেত্ৰত অসমৰ স্বাৱলম্বীতা আৰু অসমৰ শিক্ষা -চাবলৈ গ'লে দুয়োটা সম্পুর্ণ পৃথক দিশ।

আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে ǀ প্রচলিত শিক্ষণ ব্যবস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই । গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্রয়োজন হৈ পৰিছে ৷ যি শিক্ষাই প্রতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে । এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে যি কাম কৰে তাকে সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয়। কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্রশিক্ষণ লৈ দৰ্জী হিচাবে জীৱিকা অৰ্জন কৰিলে সেইটোৱেই হ'ব তেওঁৰ বৃত্তি ।
            মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন অনেক। এই প্রয়োজনসমূহ পূৰণ কৰিব পাৰে কিছুমান দক্ষ ব্যক্তিয়ে। কাৰোবাৰ ঘৰত পানীকলৰ বিজুতি ঘটিলে প্রয়োজন হয় পানীকল মিস্ত্রীৰ। ঠিক তেনেদৰে মটৰ মেকানিক, কাঠমিস্ত্রী, ৰাজমিস্ত্রী, পেইণ্টাৰ, বিউটিচিয়ান, ইলিকট্রিচিয়ান, ম'বাইল , কম্পিউটাৰ  ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহার্য অংগ। এই বিষয়বোৰত প্রশিক্ষণ লৈ মানুহে অতি সহজে উপার্জনৰ পথ মোকলাব পাৰে ǀ আধুনিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে ǀ বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘব কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে ǀ মানুহক আর্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয় আৰু ইয়ে পৰোক্ষভাৱে মানৱ সম্পদৰ উত্তৰণকে প্ৰতিফলিত কৰে ǀ
        অসমৰ শিক্ষা ব্যৱস্থা নিঃসন্দেহে বহু উন্নতমানৰ যদিও বৃত্তিমুখী শিক্ষাৰ অর্ন্তভুক্তি অসমত এতিয়াও সন্তোষজনক বুলি ক'ব নোৱাৰি। বর্তমানৰ কিছুমান শিক্ষানুষ্ঠানে নিজৰ নিজৰ বিষয়পুঞ্জীসমূহত কিছুমান তেনে বিষয়ৰ অর্ন্তভুক্তি কৰিছে যদিও সেইয়াই পয্যাপ্ত নহয় আৰু ব্যৱহাৰিক ক্ষেত্রত ই এতিয়াও তেনেই চালুকীয়া। বৃত্তিমুলক শিক্ষাৰ কথা কৱলৈ গ'লে পৰিবেশ, পর্য্যটন, বস্ত্র উদ্যোগকে আদি কৰি বহুকথাই সাঙুৰি ল'ব পাৰি ৷
       অসমৰ জলবায়ু, অসমৰ প্রচুৰ জৈৱবিচিত্রতা আৰু ইয়াৰ ভৌগোলিক অৱস্থিতি সমগ্র অসমৰ বাবে আশীর্বাদস্বৰূপ হ'ব লাগিছিল। কিন্তু বাস্তৱত তেনে হোৱা দেখা নাযায়। অসমবাসীয়ে অসমৰ প্রাকৃতিক সম্পদৰ পূর্ণ ব্যৱহাৰ কৰি ইয়াৰ পৰা সাম্ভাৱ্য  সকলো প্রকাৰৰ লাভ উঠাব পৰা বুলি ক'ব নোৱাৰি। অসমৰ কৃষি উৎপাদন এই দেশৰ চাহিদা পুৰণ কৰাৰ বাবে এতিয়াও পর্য্যাপ্ত নহয়। কৃষিৰ ক্ষেত্ৰত অসমৰ স্বাৱলম্বীতা আৰু অসমৰ শিক্ষা -চাবলৈ গ'লে দুয়োটা সম্পুর্ণ পৃথক দিশ। কিন্তু মই ভাবো যেতিয়ালৈ এই পৃথক দিশ দুটাক একেলগে সাঙুৰি লৈ কৃষি আৰু শিক্ষা সমান্তৰালভাবে আগবঢ়াই নিয়া নহয়, তেতিয়ালৈ অসম উন্নতিৰ দিশত পিছ পৰি থাকিব। এক কথাত ক'বলৈ গ'লে অসমৰ শিক্ষা ব্যৱস্থাৰ বাবে ইও এক প্রত্যাহবান বুলিয়েই ক'ব পাৰি। তদুপৰি অসম যিহেতু মুখ্যত কৃষিপ্রধান দেশ আৰু ইয়াৰ জনসাধাৰণৰ ৭০ শতাংশ লোকেই কৃষিভিত্তিক উৎপাদনৰ ওপৰত নিভৰশীল, আমি এই দিশটোক সম্পুর্ণ সৱল গঢ়ি লোৱাতো তেনেই আৱশ্যক আৰু ইয়াৰ আৰম্ভণি কৰিব লাগিব তেনেই নিম্নক্ষেত্রৰ পৰা। মুঠতে যিয়েই নহওক আমি যদি আমাৰ শিক্ষা ব্যাৱস্থাটো এনেকুৱা ৰূপত গঢ়ি তোলো য’ত আমাৰ ল’ৰাছোৱালীসকলে অতি কম বয়সৰ পৰাই আমাৰ দেশত থকা সকলো সম্ভাৱণাপূর্ণ প্রাকৃতিক সম্পদৰ বিষয়ে অৱগত হয় আৰু তাৰ লগে লগে এই সম্পদসমূৰ উচিত আৰু বিজ্ঞানসন্মত ব্যৱহাৰৰ উপায়ৰ দিশবোৰ চিনি পায় তেন্তে অসমত নিবনুৱা সমস্যাটো  নোহোৱা হ'বই তাৰ উপৰিও অর্থনৈতিকভাবে অসম বহুখিনি আগবাঢ়ি যাব। সেয়েহে বর্তমানৰ পৰিস্থিতি সাপেক্ষে অসমৰ শিক্ষানুস্থান সমূহত পৰপম্পৰাগত অইন বিষয়সমূহৰ উপৰিও এনেকুৱা কিছুমান বৃত্তিমুলক বিযয়ৰ অর্ন্তভুক্তিৰ খুবেই প্রয়োজন।

পৰিণীতা কলিতা
সহ সম্পাদক অঙ্গন

পৃষ্ঠা ৪৫
আৰ্ট গেলাৰীঃ

১/
তেজস্বিনী বৰঠাকুৰ, যোৰহাট

২/ 

নন্দিনী বৰুৱা, নৱম শ্ৰেণী

৩/
তাকি তৈয়াবা হুছেইন
স্নাতকোত্বৰ তৃতীয় ষাণ্মাসিক
নাৰী অধ্যয়ন কেন্দ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
9101904670


পৃষ্ঠা ৪৫
শোক প্ৰস্তাৱ

আজি ২ জুন (২০২১) তাৰিখ বুধবাৰে পুৱা ৭.৪৯ মিনিটত অঙ্গনৰ সন্মানীয় লেখিকা অলকা গোস্বামী বাইদেউৰ পৰলোকপ্ৰাপ্তি ঘটে। যোৱা ১ ছেপ্তেম্বৰ ২০২০ সংখ্যাত তেখেতৰ "ভাড়াঘৰ" নামৰ এটি গল্প আৰু ১ অক্টোৱৰ ২০২০ত "জোনাকী পৰুৱা" নামৰ এটি প্ৰৱন্ধ অঙ্গনত প্ৰকাশ পায়ছিল। তেখেত আমাৰ লেখিকাৰ উপৰিও বহু সময়ত পৰামৰ্শ দাতাও আছিল। আজি তেখেতৰ পৰলোকপ্ৰাপ্তিত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি আমি অঙ্গন পৰিয়ালৰ তৰফৰ পৰা ঈশ্বৰলৈ প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
উল্লেখ্য যে প্ৰয়াত অলকা গোস্বামী বাইদেউ অঙ্গনৰ নিয়মীয়া অনুবাদক প্ৰাণকৃষ্ণ গোস্বামীদেৱৰ সহধৰ্মীনী আছিল।

পৃষ্ঠা ৪৬


Post a Comment

0 Comments