পৃষ্ঠা ১
বেটুপাতঃ ১
বেটুপাত ২ঃ
জীৱন এখনি বোৱতি নৈ, যি থমকি নৰয়। নৈখনে যিদৰে জাৱৰ-জোথৰ, মূল্যৱান সম্পদ আদি সকলোবোৰ কঢ়িয়াই লৈ কেৱল বৈ যায় ঠিক একেদৰেই জীৱনেও কঢ়িয়াই লৈ যায় আমাৰ দুখ যন্ত্ৰণা, সুখ শান্তি আৰু বিচিত্ৰ অভিজ্ঞতাবোৰ। কেতিয়াবা আমাৰ জীৱনত এনে কিছুমান ঘটনা ঘটে য'ত আমি ভাবিবলৈ বাধ্য হও যে জীৱন ইয়াতেই থমকি ৰ'ব। কিন্তু এয়া সম্ভৱ নহয়।
আমি প্ৰতিজনেই এক নিৰ্দিষ্ট সময়ৰ বাবে এই চিৰসেউজ পৃথিৱীখনলৈ আহিছো আৰু এদিন ইয়াৰ পৰা আঁতৰি গুচি যামগৈ, এয়াই সত্য। পৃথিৱীখন যদি এখন মঞ্চ হয় তেন্তে আমি সকলোৱেই অভিনেতা। ঈশ্বৰেই ইয়াৰ পৰিচালক। এই ধাৰণামতে আমাৰ জীৱনত যি হ'বলগীয়া আছে সেয়াই হ'ব, ইতিমধ্যে যিবোৰ হৈ গ'ল সেয়াও পৰিচালকৰ নিৰ্দেশতেই হৈছে। তেন্তে ইয়াৰ পিছতো আমি কিয় অকলশৰীয়া হৈ পৰো? কিয় আমি নীৰৱে উচুপি উঠো?
এটা কাহিনী মনলৈ আহিছে। অলপতে পঢ়িছিলোঁ। এখন গাঁৱত এজন বৰ এলেহুৱা ল'ৰা আছিল। সি এলেহুৱা স্বভাৱৰ যদিও এজন সফল ব্যক্তি হ'বলৈ তাৰ তীব্ৰ ইচ্ছা আছিল। সফল হ'বলৈ সি ছুটি পথৰ সন্ধানত আছিল। এনেতে সি গম পালে যে গাঁওখনৰ উত্তৰ দিশত এখন আশ্ৰম আছে আৰু তাতেই এজন গুৰুজী থাকে যিয়ে জীৱনৰ সকলো সমস্যাৰেই সমাধান দিয়ে। খবৰটো পোৱাৰ লগে লগে সি গুৰুজীৰ কাষ পালেগৈ আৰু নিজৰ মনৰ কথাখিনি ব্যক্ত কৰিলে। তাৰ কথাখিনি অতি আগ্ৰহেৰে শুনাৰ পিছত গুৰুজীয়ে কিছু সময় মৌন হৈ ৰ'ল আৰু ক'লে, আশ্ৰমৰ পূৱ দিশত এখন পাহাৰ আছে। পাহাৰখনৰ কাষেৰে এখন নৈ বৈ গৈছে। কাইলৈ বেলি উদয় হোৱাৰ আগতেই তুমি সেই পাহাৰখনৰ ওচৰলৈ আহিবা। তাতেই মই তোমাক এটা সমাধান দিম। কথাষাৰ শুনি ল'ৰাজনৰ মন থৌকি-বাঠৌ হৈ পৰিল। যথা সময়ত সি গৈ পাহাৰখনৰ ওচৰ পালেগৈ। গুৰুজীয়ে পাহাৰখন দেখুৱাই তাক ক'লে, এই পাহাৰখনতেই এটা বিশেষ শিল আছে যিটো শিল তুমি হাতত লৈ যিহকেই স্পৰ্শ কৰিবা সিয়েই সোণলৈ ৰূপান্তৰিত হ'ব। এইদৰে তুমি এজন সফল আৰু ধনী ব্যক্তিলৈ পৰিণত হ'বা। ল'ৰাজনে পাহাৰখনলৈ চালে আৰু দেখিলে যে গোটেই পাহাৰখন হাজাৰ হাজাৰ শিলেৰে আবৃত হৈ আছে। মনৰ কৌতুহল দমাব নোৱাৰি সি পুনৰ গুৰুজীক সুধিলে যে ইমানবোৰ শিলৰ মাজত মই কেনেদৰে সেই বিশেষ শিলটো বিচাৰি পাম? গুৰুজীয়ে উত্তৰ দিলে, তুমি প্ৰতিটো শিল স্পৰ্শ কৰোঁতে ঠাণ্ডা অনুভব কৰিবা। তেতিয়াই শিলটো নৈখনলৈ দলিয়াই দিবা। কাৰণ সেই শিলটো তুমি বিচাৰি ফুৰা বিশেষ শিলটো নহয়। এনেদৰে শিলবোৰ স্পৰ্শ কৰোঁতে যেতিয়াই সেই বিশেষ শিলটো তোমাৰ হাতত স্পৰ্শ হ'ব, তেতিয়াই তুমি গৰম অনুভব কৰিবা আৰু তেতিয়াই বুজিবা যে সেইটোৱেই তুমি বিচাৰি ফুৰা বিশেষ শিলটো। ল'ৰাজনে ভাবিলে, পাহাৰখনৰ আটাইবোৰ শিল স্পৰ্শ কৰিবলৈ তাক অতি কমেও ছমাহৰ প্ৰয়োজন হ'ব। তথাপিও যিহেতু তাৰ জীৱন সলনি হোৱাৰ প্ৰশ্ন জড়িত হৈ আছে, গতিকে সি পিছদিনাৰ পৰাই সেই কাম কৰিবলৈ আৰম্ভ কৰিলে। সি প্ৰতিবাৰতেই হাতত শিল এটা লয়, ঠাণ্ডা অনুভব কৰে আৰু লগে লগে সেইটো নৈখনলৈ দলিয়াই দিয়ে। এনেদৰেই প্ৰায় ছমাহ পাৰ হ'ল। এই কামটো তাৰ এটা শক্তিশালী অভ্যাসত পৰিণত হ'ল। সেইদিনাও সি আন দিনাৰ দৰে ঠাণ্ডা শিলবোৰ এটা এটাকৈ চুই দলিয়াই আছিল। কিন্তু হঠাৎ বেজাৰতে সি মূৰে কপালে হাত দি বহি পৰিল আৰু সি উচুপিবলৈ ধৰিলে। কাৰণ এইমাত্ৰ তাৰ হাতত পৰা সেই বিশেষ শিলটোও সি নৈখনলৈ দলিয়াই দিলে। উচুপি উচুপি সি মনৰ ভিতৰতে ভাবিলে, এয়া সি কি কাম কৰিলে! এইমাত্র দলিয়াই দিয়া শিলটো গৰম আছিল। যিটো শিল বিচাৰি বিচাৰি আজি ছমাহদিন সি অপেক্ষা কৰিছিল, কিন্তু আজি তাৰ অসচেতনতাৰ কাৰণেই সেই বিশেষ শিলটো হঠাতে সি দলিয়াই দিলে আৰু আজীৱনৰ কাৰণে এটা সুৱৰ্ণ সুযোগ হেৰুৱাই পেলালে। প্ৰকৃততে আমাৰ জীৱনটোও ঠিক তেনেকুৱাই। আমাৰ কিছুমান অভ্যাস, মনৰ অসচেতনতাৰ কাৰণে আমি আমাৰ জীৱনৰ পৰা মহা মূল্যৱান সম্পদবোৰো হেৰুৱাই পেলাও আৰু তাৰ পাছতেই হা-হুমুনিয়াহ কাঢ়ি দিনবোৰ কটাও। ওপৰত উল্লেখিত কাহিনীটোৰ পৰা আমি ইয়াকেই বুজিলো যে আমাৰ জীৱনলৈ অহা কোনো এটা অভিজ্ঞতাই অমূলক নহয়। কেতিয়াবা আমাৰ জীৱনলৈ অহা কোনো এজন ব্যক্তি, অভিজ্ঞতা, ঘটনাই আমাৰ জীৱনত অলৌকিক পৰিৱৰ্তন আনিব পাৰে। গতিকে আহকচোন আমি সহজ হ'বলৈ শিকো। জীৱনত ঘটা প্ৰতিটো ঘটনাকেই সহজভাবে ল'বলৈ শিকো। তেতিয়াহে আমাৰ এই জীৱনটো প্ৰকৃতাৰ্থত সুন্দৰ হ'ব।
জীৱন ডট্ ডট্ ডট্
-------------------------------------------------
...........................
শাওণৰ ৰোৱনী তাই লখিমী
-----------------------------------------------------------------------
---------------------------------------------------
-------------------------
নিৰ্মালী
-------------------
তাই কবিতা লিখিব
বেটুপাত ৪ঃ
0 Comments