অঙ্গন (১৫ ডিচেম্বৰ ২০২০)

 পৃষ্ঠা ১

বেটুপাতঃ ১





পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।



অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
২২ ডিচেম্বৰ, 2020।

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ নৱবৰ্ষৰ চিন্তা

২/ প্ৰৱন্ধ:
ক/ হাদিৰাচকী (প্ৰণৱ ফুকন)
খ/ ৰাসক্ৰিয়াত মানৱীয় মূল্যবোধ (লখিমী শইকীয়া বড়া)
গ/ আঢ্যবন্তৰ প্ৰতীকঃ সাহিত্য (স্বপ্নম জ্যোতি কলিতা)
ঘ/ বান আহে বাৰে বাৰে ( অংশুমান ভূঞা)

৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ধুমুহাই ভঙা সপোন (দুৰ্গেশ্বৰ শইকীয়া)
খ/ অভিশ্ৰুতি (চয়নিকা বৰুৱা)
গ/ পথভ্ৰষ্ট ডিম্বাণু (ধাৰাবাহিক গল্প) (বাস্তৱ বৰা)

৪/ অণুগল্পঃ
ক/ প্ৰবঞ্চনা ( হেমা চৌধুৰী গগৈ)
খ/ দৰিদ্ৰালয়(শ্যামলিমা কাকতি)
গ/ অদৃশ্য শক্তি(জেপুলিন ৰাজকুমাৰী)

৫/ এক মিনিটৰ গল্পঃ
ক/  অভ্যাস(জুনমণি গগৈ)
খ/ আৰ্তনাদ (অঞ্জুমণি বড়া)

৬/ অনুবাদ কবিতাঃ
ক। শিলৰ ওপৰৰ ছাঁ (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ The Shadow on the Stone by Thomas Hardy
খ/ মৃত্যুৰে শীতলতা (অনুবাদঃ প্ৰাঞ্জল কুমাৰ লাহন)
মূলঃ হিন্দী ( অটল বিহাৰী বাজপেয়ী)
গ/ এদিন এইবোৰ হ'ব, সেইবাবে ( অনুবাদঃ বাসুদেৱ দাস)
মূল বাংলাঃ নীৰেন্দ্ৰনাথ চক্ৰবৰ্তী

৭/কবিতাঃ
ক/মানুহ (ৰেখা বৰকটকী)
খ/ দেউতা (মঞ্জিত হাজৰিকা)
গ/ চেতনাত তোমাৰ বাঁহীৰ সুৰ(মামণি গগৈ)
ঘ/শিয়াল(লক্ষী প্ৰসাদ ৰেগন)
ঙ/ প্ৰিয়তমা হ'বানে তুমি মোৰ (দীপক দত্ত)
চ/ যন্ত্ৰণা(ৰঞ্জনা পাঠক)
ছ/নগ্নতা(নিহাল গগৈ)
ছ/ অস্তমিত সূৰুজ (শান্তনু ৰাজোৱাৰ)
জ/ ৰত্নাকৰৰ পৰা বাল্মিকী লৈ (স্বপ্নম জ্যোতি কলিতা)
ঝ/আঘোন (টৌলন তছা)
ঞ/মহাৰথী (স্নিগ্ধা বৰুৱা বড়া)
ট/ হেঁপাহৰ আঘোন (পূৰ্ণিমা বৰুৱা)

৮/ অনুভৱঃ
ক/ স্বাগতম নৱবৰ্ষ (বন্দিতা শৰ্মা কলিতা)

৯/ ভ্ৰমণ কাহিনীঃ
মোৰ ভ্ৰমণ ডায়েৰীঃ ৯ গোৱা (শৰ্মীষ্ঠা বৰ্মন)

১০/ নীলা খামৰ চিঠিঃ
ঋদ্ধি কাশ্যপ

১১/ গল্পঃ
ক/ ভোলা ( শিখামণি গগৈ)
খ/আঁউসীৰ জোনাক (প্ৰতিভা ভাগৱতী শৰ্মা)
গ/ জীৱনৰ গতি (লৱ কুমাৰ দত্ত)

১২/ ৰেচিপিঃ
জিকাৰ চাটনী (মুনমী গগৈ)

১৩/ শিশু সাহিত্যঃ
ক/ শৈশৱ, বনভোজ আৰু কিছুকথা ( ৰাজশ্ৰী বৰা)
খ/ ঋষি ভৃগুমুনিৰ সৰ্বশ্ৰেষ্ঠ দেৱতাৰ পৰীক্ষা (অজয় বৰুৱা)

১৪/ শেষ পৃষ্ঠাৰ লেখাঃ
ডুবি পৰিহৰেশ্বৰ দেৱালয়
(পৰিণীতা কলিতা)



পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  শুভলক্ষ্মী বৰা । মুদৈজান ভৰলুৱা গাঁও।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।

বিশেষ ঘোষণাঃ
পষেকীয়া ই-আলোচনী অঙ্গন আৰু মাহেকীয়া শিশু আলোচনী অকণিৰ অংকুৰণৰ প্ৰকাশক অংকুৰণ প্ৰকাশনৰ পৰা প্ৰকাশ পাবলগীয়া ২০২১ বৰ্ষৰ কেলেণ্ডাৰৰ বাবে ফটো বিচৰা হৈছে। আগ্ৰহী সকলে শীঘ্ৰে 8638310699 নম্বৰত যোগাযোগ কৰক।


পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ

নৱ বৰ্ষৰ চিন্তা

  সময় গতিশীল। এই গতিশীল সময়ৰ লগতে আমাৰ জীৱনেও গতি কৰে, বিভিন্ন অভিজ্ঞতাৰে জীৱন পুষ্ট হয়। সৌ সিদিনা আৰম্ভ হোৱা ২০২০ বৰ্ষটিয়ে এতিয়া বিদায় লোৱাৰ সময় সমাগত। আৰু কেইদিনমানৰ পাছতেই আমি আদৰি ল'ম ২০২১ বৰ্ষটি।

  এটা বছৰ গৰকা মানে আমি  আমাৰ আয়ুসৰ এটা স্তৰ পাৰ কৰা, আমি এখোজ আগবাঢ়ি যোৱা। বছৰৰ বুকুত জীৱনে বহু অভিজ্ঞতা লাভ কৰে। পোৱো নোপোৱা, দুখ সুখ ,হাঁহি কান্দোন, প্ৰাপ্তি অপ্ৰাপ্তি এই সকলোবোৰ অভিজ্ঞতা এটা বছৰে দিয়ে। 

 চলিত বৰ্ষত আমি সকলোৱে জীৱনকালত নেদেখা, নোহোৱা ঘটনা দেখা পালো। কোনেও নভবা নিচিনাকৈ ক'ৰনা মহামাৰী আহিল আৰু চৌদিশে লকডাউন আৰম্ভ হৈ পৰিল। এনে ভয়াবহ দিন আহিব বুলি আমি কোনেও ভবা নাছিলো। আমি কল্পনাও কৰা নাছিলোঁ যে আমি ইজনে সিজনক স্পৰ্শ কৰিব নোৱাৰিম, কৰিলে লগে লগে হাত ধুব লাগিব, লগত চেনিটাইজাৰ ৰাখিব লাগিব, মাক্স পৰিধান কৰিব লাগিব। আটাইতকৈ ডাঙৰ কথা আমি মুক্ত হৈ ফুৰিব নোৱাৰা সময়ৰ অভিজ্ঞতা এই বছৰে দিলে। অনবৰতে মাস্ক পিন্ধি আমি নতুন বছৰত খোজ দিবলৈ ওলাইছোঁ। আচৰিত!

  বৰ্তমান এই মহামাৰীৰ ভয়াবহতা আগৰ তুলনাত কমিছে। গতিকে আমি আশাবাদী, নিশ্চয় নতুন বছৰটোত আমি পুনৰ সুখী হ'ব পাৰিম।

   এই যে চলিত বৰ্ষৰ জটিলতাখিনিৰ লগত আমি সাহসীকতাৰে মুখামুখি হ'লো, সকলোৱে নিজৰ লগতে আপোন সকলৰ ভালৰ বাবে প্ৰয়োজনীয় সাবধনতা অৱলম্বন কৰিলো, ফলত পৰিস্থিতি ভাল হ'ল। এয়া  প্ৰকৃততে মানৱজাতিৰ বুদ্ধিমত্তাৰ নিদৰ্শণ। কৰনা মহামাৰীয় এতিয়াও সম্পূৰ্ণৰূপে নিঃশেষ হৈছে বুলি আমি যিহেতু ন দি কব নোৱাৰোঁ গতিকে এই সময়খিনিত আমি সকলোৱে এটাই শিকিলো যে কিছুমান পৰিস্থিতিৰ লগত যুঁজিবলৈ আমি কিছুমান চৰ্ত, নিয়ম মানি চলা খুবেই জৰুৰী।

   বহুতে প্ৰথমে ক'ৰনা নাই বুলি যি ভুল ধাৰণা লৈ আছিল, এই সকলে এটা সময়ত ভয়ত পেপুৱা লাগিবলৈ বাধ্য হ'ল। সময়ে কি আনিব, সেয়া কোনেও নাজানে।,আকৌ সময়ে দিয়া খিনিৰ পৰা আমি পলাই ফুৰিবও নোৱাৰি। বৰঞ্চ সময়ে দিয়া জটিলতাখিনিৰ মুখামুখি হৈ তাক অতিক্ৰম কৰাটোহে আমাৰ পাৰদৰ্শিতা।

   এই মাহটোৰ শেষতে এই বছৰটোৰ বিদায়ৰ ক্ষণ। আমি নতুন বছৰত ভৰি থ'ম। এই সময়ে মানুহৰ জীৱনলৈ নতুন নতুন অভিজ্ঞতা আনিব। জীৱনক পৈণত কৰাৰ হেতু সময়ে আনিব নতুন সমস্যা। এয়া সময় আৰু জীৱনৰ নিজস্ব ৰীতি। মানৱ জীৱনৰ এয়াই নিয়ম যে বাস্তৱক মানি আমি গতি কৰিবলগীয়া হয়। ইয়াতেই লুকাই থাকে আমাৰ সাহসী মনৰ পৰিচয়।

  নতুন বছৰটোৱে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক, পৃথিৱীৰ পৰা সকলো অপায় অমঙ্গল আঁতৰি মানৱ জীৱনৰ সৌন্দৰ্য পুনৰ ঘূৰি আহক। তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

হেমেন নাথ
সম্পাদক
(9678696861)
অঙ্গন, পষেকীয়া ই-আলোচনী


পৃষ্ঠাঃ ৬

প্ৰৱন্ধ

হাদিৰাচকী
প্ৰণৱ ফুকন
নতুন দিল্লী
(ফোন: +৯১-৮৮২৬৮০৩০৩০)

হাদিৰা: মানস নদীৰ পূব পাৰে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এখন সৰু ঠাই - হাদিৰা ৷ বিপৰীত দিশে মানসৰ পশ্চিম পাৰে তথা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যোগীঘোপা আৰু  দক্ষিণ পাৰে গোৱালপাৰা ৷ অসমৰ মানচিত্ৰত হয়তো সুহ্মাতিসুক্ষ্ম ৰূপে চালেহে হাদিৰা নামটো চকুত পৰিব ৷ কিন্তু এই ঠাইখনৰ ভৌগোলিক আৰু ঐতিহাসিক তাৎপৰ্য্য আছে ৷ 

লাচিত বৰফুকন: ১৬৬৩ খ্ৰীঃত আহোম সিংহাসনত বহি স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলৰ পৰা কামৰূপ পুনৰোদ্ধাৰৰ সংকল্প লৈ মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ লাচিতক ঘোঁৰা কোঁৱৰ পাতি  যুঁজৰ প্ৰস্তুতিৰ ভাৰ দিয়ে; গোপন কাম তথা অৰ্থনৈতিক পুনৰ সংগঠনৰ দায়িত্ব লয় আতন বুঢ়াগোঁহায়ে ৷ ১৬৬৭ খ্ৰীঃত লাচিতৰ নেতৃত্বত অসমীয়া সৈন্যই কেবাটাও দুৰ্গ তথা গুৱাহাটী আৰু পাণ্ডু অধিকাৰ কৰি মোগল বাহিনীক মানস নৈলৈকে খেদি নিয়ে ৷ স্বৰ্গদেৱে লাচিতক বৰফুকন পাতি গুৱাহাটীত বাহৰ পাতিবলৈ নিৰ্দেশ দিয়ে ৷ মোগল সম্ৰাট ঔৰঙ্গজেৱে সেনাপতি পাতি পঠোৱা ৰাম সিংহই ১৬৬৯ খ্ৰীঃৰ মাৰ্চ মাহত গোৱালপাৰা পায়হি আৰু অচিৰেই গুৱাহাটীৰ উপকণ্ঠত উপস্থিত হয় ৷ লাচিতে একে ৰাতিতে শৰাইঘাট কোঠত গড় মৰায় ৷ প্ৰথমে অগ্ৰগতি লাভ কৰিছিল যদিও পাছত কিইবাখনো ৰণত পৰাজিত মোগল সেনাই আলাবৈৰ পাহাৰত বাহৰ পাতে ৷ সেই ঠাইত মোগলৰ লগত যুদ্ধ কৰাত লাচিত অনিচ্চুক আছিল যদিও স্বৰ্গদেউৰ আদেশক্ৰমে যুঁজত নামি ১০০০০ সৈনিকৰ মৃত্যুৰ ক্ষতিৰে লাচিত উভতিব লগাত পৰে ৷ ইয়াৰ পাছত প্ৰায় দুবছৰ দুয়ো পক্ষৰ কোনো যুজ নহয় ৷

হাদিৰাত চকী স্থাপন: সেই সময়ত মোগল সাম্ৰাজ্য আৰু বঙ্গৰ লগত আহোম ৰাজ্যৰ বেহা-বেপাৰ আছিল অনিয়ন্ত্ৰিত ৷ অধিকাংশ বাণিজ্য যিহেতু নদীৰ বাটেৰেই হৈছিল, গতিকে সীমা শুল্কৰ বাবে চকী স্থাপনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি  মানস নৈৰ পূব পাৰে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হাদিৰাত চকী স্থাপন কৰা হয় ৷ চকীৰ কাম পৰিদৰ্শন কৰিবলৈ নিযুক্ত কৰা হয় দুৱৰীয়া বৰুৱা ৷ 

শৰাইঘাটৰ ৰণ: আলাবৈৰ ৰণৰ পৰাজয়ৰ শোকত চক্ৰধ্বজ সিংহই ইহলীলা সম্বৰণ কৰে আৰু সিংহাসনত অধিষ্ঠিত হয় উদয়াদিত্য সিংহ ৷ তেনেতে ৰাম সিংহই সন্ধিৰ প্ৰস্তাৱ দিয়ে যদিও উদয়াদিত্য সিংহ মান্তি নহৈ পুনৰ ৰণ দিবলৈ বুঢ়াগোঁহাই আৰু বৰফুকনক আদেশ দিয়ে ৷ সেই সময়ত লাচিতৰ আছিল তীড়-কঁপে জ্বৰ ৷ অসমীয়া সেনা পিচ হুঁহকা দেখি তেওঁ জ্বৰৰ গাৰেই নাওঁত উঠে ৷ মনোবল ঘূৰাই পাই ১৬৭১ খ্ৰীঃৰ মাৰ্চ মাহত অসমীয়া সেনাই বিশাল মোগল বাহিনীক শৰাইঘাটৰ ৰণত কচু কটা দিয়ে ৷ পৰাজিত ৰাম সিংহই মানস নদীৰ পশ্চিমলৈ পিচুৱাই গৈ ১৬৭৭ খ্ৰী:লৈকে বাহৰ পাতি ৰয় ৷ সমগ্ৰ কামৰূপ আহোম ৰাজ্যৰ অঙ্গ হৈ পৰে আৰু হাদিৰা হৈ পৰে আহোম ৰাজ্যৰ শেষ চকী আৰু বহিৰাজ্যত অসম চকী নামেৰে জনাজাত হয় ৷  

ৰাম সিংহৰ প্ৰত্যাবৰ্তন: সেই সময়তে পঞ্জাৱত শিখসকলে মোগলৰ বিৰুদ্ধে ৰণশিঙা বজায় ৷ মাৰাঠাসকলেও শিৱাজীৰ নেতৃত্বত বিজাপুৰ ৰাজ্যৰ অনেক ঠাই অধিকাৰ কৰি মোগল সাম্ৰাজ্যও আক্ৰমণ কৰাত ঔৰঙ্গজেৱে ৰাম সিংহক মাতি পঠায়; পৰাজয়ৰ গ্লানিৰে ৰাম সিংহ উভতি যায় ৷ 

তুঙ্গখুঙ্গীয়া ফৈদৰ অভ্যুথ্থান : ১৬৭২ খ্ৰী:ত লাচিতৰ মৃত্যুৰ পাছত বৰফুকন হয় ককায়েক লালুকসোলা ৷ ১৬৭৯ খ্ৰী:ত তেওঁ বিনা যুদ্ধে গুৱাহাটী পৰ্য্যন্ত মোগলক এৰি দিয়ে; বিনিময়ত মোগলে তেওঁক আহোম স্বৰ্গদেউ পতাৰ প্ৰতিশ্ৰুতি দিয়ে ৷  ১৬৮১ খ্ৰী:ত ভোটাই ডেকাই লালুকক হত্যা কৰে ৷ ভিনিহিয়েক বন্দৰ বৰফুকন আদি বিষয়াৰ সহযোগত তুঙ্গখুঙ্গীয়া ফৈদৰ গদাপাণিয়ে ল’ৰা ৰজাক বিতাৰিত কৰি আহোম সিংহাসন দখল কৰি গদাধৰ সিংহ নাম লয় ৷ তেওঁ দিহিঙীয়া আলুন বৰবৰুৱাৰ নেতৃত্বত পঠোৱা আহোম সেনাই  ১৬৮২ খ্ৰী:ৰ ১৫ আগষ্টৰ ইটাখুলী ৰণত মোগল সেনাক পৰাজিত কৰি মানস নদীলৈকে সমস্ত কামৰূপ দখল কৰে ৷ এয়েই আছিল আহোম-মোগলৰ শেষ ৰণ ৷ হাদিৰাচকী হৈ পৰে পুনৰোজ্জিৱিত ৷ চতলা পাহাৰ হয় দুৱৰীয়া বৰুৱাৰ বাসস্থান আৰু বাঘবৰ পাহাৰ সীমা সুৰক্ষাৰ বেষ্টনি ৷ ১৬৯৬ খ্ৰী:ত গদাধৰ সিংহৰ মৃত্যুৰ পাছত বৰপুত্ৰ ৰূদ্ৰ সিংহ ৰাজপাটত উঠে ৷ ১৭১৩ খ্ৰী:ত বঙ্গৰ ফৌজদাৰে অতি কম সামগ্ৰীৰে বাণিজ্যিক নাওঁ পঠোৱাৰ প্ৰস্তাৱ দিয়াত স্বৰ্গদেউ ক্ষুণ্ণ হৈ লিখিত ভাৱে জনায় যে মোগল সাম্ৰাজ্যৰ লগত নিয়মীয়া বাণিজ্যিক সম্পৰ্ক স্থাপন হোৱা উচিত আৰু সেই অঞ্চলৰ বেপাৰী গোৱালপাৰা আৰু যোগীঘোপা হৈ হাদিৰাচকীৰে উজাই আহক আৰু অসমীয়া সদাগৰে কান্দাহাৰ ওৰফে বঙ্গালচকীৰে মোগল সাম্ৰাজ্যৰ লগত বেহা-বেপাৰ কৰক  ৷ সেইমতে ব্যৱস্থা লোৱাত শতাধিক বছৰ হাদিৰা আহোম ৰাজ্যৰ অতি প্ৰয়োজনীয় চকী হৈ পৰে ৷ অসমৰ পৰা মুখ্যত লা, কপাহ, মুগা সূতা, সৰিয়হ আৰু হাতী দাঁতৰ ৰপ্তানি হৈছিল ৷ ১৮০৯ খ্ৰী:ত প্ৰায় ১০,০০০ মোন লাৰ ৰপ্তানি হৈছিল ৷ কিন্তু বাণিজ্যিক সমতা অসমৰ পক্ষত নাছিল; কাৰণ নিমখৰ বাবে অসম সম্পূৰ্ণৰূপে বঙ্গদেশৰ ওপৰত নিৰ্ভৰশীল আছিল ৷ ১৮০৯ খ্ৰী:ত মুঠ আমদানি ২,২৮,৩৩০ টকাৰ ভিতৰত নিমখৰ মূল্যই আছিল প্ৰায় ১,৯২,৫০০ টকা ৷  

মোৱামৰীয়া বিদ্ৰোহ : শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱে উজনি অসমত মৰাণ আৰু অন্যান্য পিছপৰা জনগোষ্ঠীৰ মাজত এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰি মোৱামৰীয়া সত্ৰ স্থাপন কৰে ৷ মূৰ্ত্তি পূজা আৰু বলিদান প্ৰথাৰ বিৰোধী মোৱামৰীয়া গোঁসাইক ১৭২৪ খ্ৰীঃত "বৰ-ৰজা হোৱা ফুলেশ্বৰীয়ে ৰাজ পৰিয়ালৰ দূৰ্গা পূজালৈ ধৰাই আনি বলিৰ তেজেৰে কঁপালত টিলক দিয়ায় ৷ ফলত মোৱামৰীয়াসকল আহোম ৰাজতন্ত্ৰৰ বিদ্বেষী হৈ পৰে ৷ ১৭৪৪ খ্ৰী:ত ৰাজপাটত উঠা প্ৰমত্ত সিংহৰ  সময়ৰ পৰা বৰবৰুৱা গেন্ধেলা ওৰফে কীৰ্তিচন্দ্ৰ অতি প্ৰভাৱশালী হৈ পৰে ৷ বৰবৰুৱাৰ উদ্যোগত ১৭৫১ খ্ৰী:ত ৰাজেশ্বৰ সিংহ আৰু ১৭৬৯ খ্ৰী:ত  লক্ষ্মী সিংহ সিংহাসনত বহে ৷

এদিন স্বৰ্গদেউৰ সৈতে বৰবৰুৱাই নৌকা ভ্ৰমণ কৰাৰ সময়ত নদীৰ পাৰত  চিন্তাত মগ্ন মোৱামৰীয়া গোঁসায়ে ৰজাক অভিবাদন জনায় ৷ কিন্তু বৰবৰুৱা যে লগত আছিল গোঁসাইৰ দৃষ্টিগোচৰ নোহোৱাত  বৰবৰুৱাই গোঁসাইক  ককৰ্থনা কৰে ৷  ইয়াৰ কিছুদিন পাছতে মৰাণ গাওঁবুঢ়াৰ পুত্ৰ নাহৰক ৰজাৰ আৰু আন এজন মোৱামৰীয়া নেতা ৰাঘৱ মৰাণক লঘু দোষতে গুৰু দণ্ড দিয়াত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হয় ৷ ১৭৬৯ চনৰ অক্টোৱৰ মাহত ৰাঘৱ মৰাণৰ নেতৃত্বত মোৱামৰীয়াসকলে  আহোম সেনাক পৰাস্ত কৰি ৰাজধানী ৰংপুৰ অধিকাৰ কৰে ৷ স্বৰ্গদেউক জয়সাগৰৰ দৌলত বন্দী কৰি ৰখা হয় ৷ নাহৰৰ পুতেক ৰমাকান্তক ৰজা আৰু ৰাঘৱক বৰবৰুৱা পাতি বিদ্ৰোহীসকলে পাঁচ মাহ ৰাজত্ব কৰে ৷ ৰাঘৱে ৰাজেশ্বৰ সিংহৰ মণিপুৰী পত্নী কুৰঙ্গনয়নীকো নিজ হেৰেমৰ অঙ্গ কৰি লয় ৷ এনেতে চ’তৰ বিহুৰ সময়ত অনেক আহোম বিষয়াই মোৱামৰীয়া হুচৰিৰ দলৰ ভেশত ৰাঘৱৰ ঘৰত বিহু মেলি ৰাঘৱে সেৱা লওঁতেই কুৰঙ্গনয়নীৰ সহায়ত তেওঁক হত্যা কৰি বিদ্ৰোহীসকলক পৰাজিত কৰি লক্ষ্মী সিংহক পুনৰ সিংহাসনত অধিষ্ঠিত কৰে ৷ ফলত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্য্যায়ৰ অন্ত পৰে ৷

১৭৮০ খ্ৰী:ত লক্ষ্মী সিংহৰ মৃত্যুৰ পাছত পুতেক গৌৰীনাথ সিংহ ৰাজপাটত উঠি  মোৱামৰীয়াসকলৰ ওপৰত নিৰ্য্যাতন আৰম্ভ কৰে ৷ ১৭৮৩ খ্ৰী:ত মোৱামৰীয়াৰ এটা দলে ৰাতিৰ আন্ধাৰত স্বৰ্গদেউৰ মাছমৰীয়া দলত যোগ দি গড়গাঁৱত প্ৰৱেশ কৰে আৰু হত্যাযজ্ঞ আৰম্ভ কৰে ৷ ঘনশ্যাম বুঢ়াগোঁহায়ে বিদ্ৰোহীসকলক পৰাজিত কৰি খেদি পঠায় ৷ অচিৰেই ঘনশ্যাম বুঢ়াগোঁহাইৰ মৃত্যু হোৱাত পুত্ৰ পূৰ্ণানন্দক বুঢ়াগোঁহাই পতা হয় ৷ তেওঁ স্বৰ্গদেউক দমনমূলক নীতি পৰিত্যাগ কৰাৰ পৰামৰ্শ দিছিল যদিও গৌৰীনাথ সিংহই দমন চলাই যায় ৷ ১৭৮৬ খ্ৰী:ত তৃতীয় বাৰ মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হয় ৷ পূৰ্ণানন্দৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি বিদ্ৰোহীসকলে ৰংপুৰ অধিকাৰ কৰে ৷ পূৰ্ণানন্দই বিদ্ৰোহীসকলৰ পশ্চিম দিশৰ অগ্ৰগতি ৰোধ কৰিবলৈ সক্ষম হয় ৷ গতিকে মোৱামৰীয়াসকলে ৰংপুৰত ভৰত সিংহ আৰু বেংমৰাত সৰ্বানন্দক ৰজা পাতি উজনি অসমত শাসন চলাই যায় ৷ 

কেপ্তেইন ৱেলছৰ আগমন: ইতিমধ্যে নামনি অসমতো বিদ্ৰোহে গা কৰি উঠাত  গৌৰীনাথ সিংহই ইংৰাজৰ ইষ্ট- ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা কৰে ৷ ১৭৯২ খ্ৰী:ৰ নবেম্বৰ মাহত কেপ্তেইন ৱেলছৰ অধীনত সৈনিকৰ ছটা কোম্পানী (৬ x ৬০ = ৩৬০ জন) অসমলৈ আহি ২৪ নবেম্বৰত নামনি অসমৰ বিদ্ৰোহ দমন কৰি গুৱাহাটী অধিকাৰ কৰে ৷ নামনি অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন হোৱাত কেপ্তেইন ৱেলছে গৌৰীনাথ সিংহৰ লগত ১৭৯৩ খ্ৰী:ৰ ২৮ ফেব্ৰুৱাৰীত এক বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰে ৷ এই চুক্তিমতে ধান-চাউলৰ বাহিৰে অন্য সকলো আমদানি আৰু ৰপ্তানিকৃত সামগ্ৰীৰ ওপৰত ১০% শুল্ক লগোৱা হ’ব ৷ কান্দাহাৰত আমদানিকৃত আৰু গুৱাহাটীত ৰপ্তানিকৃত সামগ্ৰীৰ শুল্ক সংগ্ৰহৰ বাবে দুটা শুল্ক কেন্দ্ৰ হ’ব ৷ অসম চৰকাৰ আৰু কোম্পানীৰ অনুমতিৰ অবিহনে কোনো ইউৰোপীয় ব্যৱসায়ী অসমত থাকিব নোৱাৰিব ৷ যদিও চকীৰ পৰা ৯০০০০ টকা সংগ্ৰহৰ সম্ভাবনা আছিল, তথাপি আহোম ৰাজকোষলৈ ২৬০০০ টকাহে যাব ৷ বাকীখিনি টকা আৰু অন্য সংগৃহীত পুঁজিৰে কোম্পানীৰ সৈন্যবাহিনীৰ খৰচ বহন কৰা হ’ব ৷ এই চুক্তি ৰূপায়নৰ ফলত হাদিৰাচকীৰ উপযোগিতা যথেষ্ট হ্ৰাস পালে যদিও চকী বন্ধ কৰা নহ’ল ৷ 

১৭৯৪ খ্ৰী:ৰ জানুৱাৰী মাহত কেপ্তেইন ৱেলছে উজনি অসম অভিযান আৰম্ভ কৰি মাৰ্চ মাহত ৰংপুৰ অধিকাৰ কৰে ৷ ক্ষমাদানৰ ঘোষণা স্বত্তেও মোৱামৰীয়াসকলে আত্মসমৰ্পণ নকৰাত দিখৌ নৈৰ পাৰ হৈ ভৰিকাত থকা মোৱামৰীয়া কোঠ ধ্বংস কৰে ৷ ইংৰাজ গৱৰ্ণৰ জেনেৰেলৰ আদেশক্ৰমে ৱেলছ ১৭৯৪ খ্ৰী:ৰ জুলাই মাহত উভতি যায় ৷ গৌৰীনাথ সিংহই যোৰহাটলৈ ৰাজধানী তুলি নিয়াত মোৱামৰীয়াসকলে ৰংপুৰ আৰু খামতিসকলে শদিয়া অধিকাৰ কৰে ৷

বদন আৰু মান: ১৭৯৮ খ্ৰী:ত কামৰূপত হোৱা দন্দুৱা দ্ৰোহ দমনত বদন বৰফুকন অক্ষম হোৱাত কলীয়া ভোমোৰাক বৰফুকন পতা হয় ৷ তেওঁ এই বিদ্ৰোহ দমন কৰি ১৮০০ খ্ৰী:ৰ ১ জানুৱাৰী তাৰিখে বিদ্ৰোহৰ নেতা চৌধুৰী ভাতৃদ্বয় হৰদত্ত আৰু বীৰদত্তক ৰাজহুৱাভাৱে হত্যা কৰায় ৷ কিছুদিন পাছতে কলীয়া ভোমোৰাৰ মৃত্যু হোৱাত বদনক পুনৰ বৰফুকন পতা হয় ৷ বদনে এইবাৰ পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাত তেওঁক আটক কৰিবলৈ দল পঠোৱা হয় ৷ এই কথাৰ ভূ পাই বদন কলিকতালৈ পলায়ণ কৰি ইংৰাজৰ সহায় বিচাৰে অসম আক্ৰমণ কৰিবলৈ ৷ এই কামত বিফল হৈ বদন মানদেশ পাই মানৰজা বদৌপায়াক অনুৰূপ অনুৰোধ কৰাত মানৰজা মান্তি হয় ৷ ১৮১৭ চনৰ মাৰ্চ মাহত  মানসেনাৰ অসম আক্ৰমণত আহোম সেনা পৰাজিত হয় ৷ অচিৰেই পূৰ্ণানন্দৰ মৃত্যু ঘটাত পুত্ৰ ৰুচিনাথক বুঢ়াগোঁহাই পতা হয় ৷ মানক ৰোধ কৰাত ৰুচিনাথ অসফল হয় ৷ মানসেনাই বদনক “মন্ত্ৰী ফুকন” পাতি অসমৰ জনগণৰ ওপৰত অত্যাচাৰ চলাই যায় ৷ বৰগোঁহাই আৰু কেইজনমান বিষয়াৰ সৈতে মিলি ৰাজমাও নুমলীয়ে ৰূপসিংহ চুবেদাৰৰ হতুৱাই ১৮১৮ চনত বদনক হত্যা কৰায় ৷ বাতৰি পাই ১৮১৯ চনৰ ফেব্ৰুৱাৰী মাহত মানসেনাই দ্বিতীয়বাৰ আক্ৰমণ কৰি অসমীয়া সেনাক পৰাভূত কৰে; স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু ৰুচিনাথ গুৱাহাটীলৈ পলায়ন কৰে ৷ চন্দ্ৰকান্ত সিংহক নামমাত্ৰ অধিকাৰেৰে সিংহাসনত বহুৱাই মিঙ্গিমাহা তিলোৱাৰ অধীনত কিছু সংখ্যক মানসেনা ৰাখি মান সেনাপতি আলুমিঙ্গি ১৮১৯ চনৰ এপ্ৰিল মাহত উভতি যায় ৷ কিছুদিন পাছতে বদৌপায়াৰ পৰলোক প্ৰাপ্তি ঘটাত নাতিয়েক ব্যাগীদোৱা ৰজা হয় ৷ ১৮২০ চনৰ জানুৱাৰী মাহত মানসেনা স্বদেশলৈ ৰাওনা হয় ৷  মানৰ আক্ৰমণ ৰোধ কৰিবৰ বাবে স্বৰ্গদেৱে জয়পুৰত গড় মৰাৰ সিদ্ধান্ত লোৱাত ১৮২১ চনৰ মাৰ্চ মাহত  মানসেনাই তৃতীয় বাৰ অসম আক্ৰমণ কৰে ৷ কেবাখনো যুজত মানসেনাই জয় লাভ কৰাত চন্দ্ৰকান্ত সিংহ গুৱাহাটীলৈ পলাই যায় ৷ মানে যোগেশ্বৰ সিংহক ৰাজপাটত বহুৱায় আৰু গুৱাহাটীকে আদি কৰি অনেক অঞ্চলত প্ৰতিপত্তি স্থাপন কৰে ৷ 

হাদিৰাচকীৰ ৰণ: চন্দ্ৰকান্ত সিংহই ইংৰাজৰ সহায় বিচাৰি ব্যৰ্থ হৈ কিছু ভেৰোণীয়া সেনা গোটাই গুৱাহাটী অভিমুখী হয় ৷ হাদিৰাচকীত মানৰ সৈতে হোৱা ৰণত চন্দ্ৰকান্তই জয়লাভ কৰি গুৱাহাটী অধিকাৰ কৰে আৰু যোৰহাট অভিমুখী হয় ৷ ১৮২২ খ্ৰী:ৰ ১৯ এপ্ৰিল তাৰিখে মহগড়ৰ যুদ্ধত চন্দ্ৰকান্ত সিংহ পৰাজিত হৈ পিছ হুঁহকিবলৈ বাধ্য হয় ৷ ২১ জুনত হাদিৰাচকীত দুয়ো পক্ষৰ মাজত হোৱা ৰণত আহোম সেনা পৰাভূত হয়; চন্দ্ৰকান্ত সিংহই ইংৰাজৰ অধীন গোৱালপাৰাত আশ্ৰয় লয়গৈ ৷ মানৰ অভয় পাই চন্দ্ৰকান্ত যোৰহাটলৈ উভটি আহে যদিও তেওঁক ৰংপুৰত বন্দী কৰি ৰখা হয় ৷ হাদিৰাচকীতে আহোম ৰাজ্যৰ ৬০০ বছৰীয়া ৰাজত্ব আৰু অসমৰ স্বাধীনতাৰ বেলি মাৰ যায় ৷ ১৮২৬ খ্ৰী:ত ইংৰাজে অসম অধিকাৰ কৰি ১৮৩৫ খ্ৰী:ত হাদিৰাৰ চকী বন্ধ কৰি দিয়ে; মাথোঁ নীৰৱ সাক্ষী হৈ ৰয় ফুলৰা, চতলা আৰু বাঘবৰ পাহাৰ ৷ ৺ৰঘুনাথ চৌধাৰীদেৱৰ ভাষাত কওঁ:

উঠাহে ফুলৰা            উঠাহে চতলা
     উঠা দেৱবালা স্বৰূপ ধৰি,
পূৰ্ণ হ’ল আজি          শতেক বছৰ
    আৰু কত কাল থাকিবা পৰি ৷


পৃষ্ঠাঃ ৭

প্ৰৱন্ধ

ৰাসক্ৰীড়াত মানৱীয় প্ৰমূল্যবোধ

লক্ষিমী শইকীয়া বৰা
দক্ষিণপাট , মাজুলী
৬০০০৮০৩৭২৯

শৰতচন্দ্ৰৰ আগমনৰ লগে লগেই ৰাজ্যৰ চাৰিওফালে সৃষ্টি হয় উখল-মাখল পৰিৱেশৰ । অতীত হৈ পৰে প্ৰাকৃতিক দুৰ্যোগ , পাহৰণিৰ গৰ্ভত ম্লান হয় বাৰিষাৰ দুখ যন্ত্ৰণা । সকলো সাজু হয় 'ৰাস' উৎসৱক আদৰিবলৈ । অসমৰ বিভিন্ন প্ৰান্তৰৰ উপৰিও ৰাসক বিশেষ প্ৰাধান্য দিয়া হয় সত্ৰ সংস্কৃতিৰ বৰঘৰ মাজুলীত । ৰাসক বহুতেই উৎসৱ বুলি পালন কৰে যদিও প্ৰকৃতাৰ্থত ৰাস উৎসৱ নহয় । ৰাস হৈছে মানৱীয় প্ৰমূল্যবোধৰ আধাৰ । ৰাস অবিহনে মানৱ জীৱনৰ পূৰ্ণতা সফল নহয় ।   সত্ৰানুস্থানসমূহৰ পৰা আৰম্ভ কৰি বিভিন্ন মঞ্চসমূহত উদযাপিত এই ৰাস উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ হয় ।  চকুৰ তৃপ্তিতকৈ আত্মিক  তৃপ্তিৰে ৰাসৰ প্ৰকৃত তত্ব উপলব্ধি কৰিব পাৰিলেহে সেইসকল মানৱে মানৱৰ পৰিধি সম্পূৰ্ণ কৰিব পাৰিব । ৰাস হৈছে প্ৰকৃত জীৱনৰ আধাৰ । ভাগৱতৰ দশম স্কন্ধত গুৰুজনাই ৰাসৰ তত্ব সম্পৰ্কে উল্লেখ কৰি গৈছে ।  নৃত্য শাস্ত্ৰটো ৰাসৰ ব্যাখ্যা এনেদৰে দিছে যে " ৰাসো নাম বহুনৰ্ত্তকীযুক্তো নৃত্য বিশেষ " অৰ্থাৎ বহুত নৰ্ত্তকী মিলিত হৈ তাল মানেৰে গোৱা নৃত্য গীত বিশেষেই হৈছে ৰাস । আকৌ আধ্যাত্মিক তাৎপৰ্য অনুসৰি ৰাস হৈছে  " ৰসো  বৈ সঃ " অৰ্থাৎ সকলো ৰসৰেই মূল ভগৱান কৃষ্ণদেৱ । "ৰসস্য ইন্দং ৰাস"  অৰ্থাৎ ৰসময় কৃষ্ণদেৱৰ লীলা নৃত্যত ভাৱ ভঙ্গীমাৰে , ভক্তিৰসেৰে নৰ্ত্তকীসকলে যি কীৰ্ত্তন কৰে সেয়াই হৈছে ৰাস । ৰসৰ আধাৰত যি  ক্ৰীড়া হৈছে সেয়াই ৰাস । ভাগৱতত এই ৰসক দহ ভাগত বিভক্ত কৰি উল্লেখ কৰিছে । সকলোতকৈ আদি ৰস হৈছে শৃংগাৰ ৰস । কিন্তু এই আদি ৰসৰ স্থান ৰাসৰ পৰা আতৰাই থোৱা হৈছে । বাকী নৱ ৰস হৈছে হাস্য , কৰুণ , ভয়ানক ,ৰৌদ্ৰ , বীৰ , বিভৎস , অদ্ভুত , শান্ত আৰু ভক্তি । এই নৱ ৰসৰ সমাহাৰ ঘটিছে ৰাসক্ৰীড়াত । ভক্তি হৈছে শেষ ৰস ।
 জীৱশ্ৰেষ্ঠ মানুহৰ মন আৰু জীৱনক সদানন্দ ৰূপে ধাবিত কৰাৰ উদ্দেশ্যত পৰম ব্ৰহ্ম প্ৰভু কৃষ্ণচন্দ্ৰৰ অৱতাৰৰ অন্যতম কাৰণ ।  শিশু কালৰ পৰাই পৰম অৱতাৰী পুৰুষ কৃষ্ণদেৱে জগতবাসীৰ জীৱন আনন্দময় কৰাৰ উদ্দেশ্যে সুমধুৰ লীলা অৱতাৰণা কৰি সকলো মানৱৰ মনত প্ৰেমময় আৰু আনন্দময় সংস্কৃতিৰ উদ্ভৱ কৰিছিল । ৰাসক্ৰীড়াৰ মূলতেই হৈছে গোপ-গোপীৰূপী জীৱাত্মাৰ কৃষ্ণৰূপী পৰমাত্মাত আশ্ৰয় লাভ । মানৱে মানৱক প্ৰতিষ্ঠিত কৰিব পৰা শক্তিটোৱেই হৈছে আধ্যাত্মিক জ্ঞান জাগ্ৰত শক্তি । দেহাশ্ৰিত আত্মা আৰু আত্মাশ্ৰিত দেহাৰ সম্পৰ্কে যি জ্ঞান সেয়াই হৈছে আধ্যাত্মিক জ্ঞান । বৰ্তমান সমাজৰ এচাম উচ্চ শিক্ষিত লোকে এই আধ্যাত্মিক জ্ঞান আয়ত্ব কৰিব নোৱাৰি তাৰ পৰা আঁতৰি গৈ সংস্কৃতিক অপসংস্কৃতিলৈ ৰূপায়ণ কৰিছে । যাৰ ফলস্বৰূপে ধ্বংস হৈছে সংস্কৃতিৰ , মৃত্যু হৈছে  মানৱতাৰ , ন্যায় আৰু নীতি আদৰ্শৰ । ভাগৱতৰ দশম স্কন্ধত উল্লেখ আছে যে "ভকতিবিহীন জ্ঞান কৰ্ম সবে মিছা" । অৰ্থাৎ হৃদয়ত যদি ভক্তি ভাবেই নাথাকে তেনহলে তেওঁ যিমান জ্ঞানী হলেও অন্তৰ আত্মাক জয় কৰিব নোৱাৰে ।
 মানৱৰূপী সকলো জীৱই হৈছে জীৱাত্মা আৰু সেই সকলোৱেই হৈছে  প্ৰকৃতি স্বৰূপা, পুৰুষ ৰূপী ভগৱানেই হৈছে আত্মাক জয় কৰাব পৰা পৰমাত্মা । প্ৰত্যেক মানৱেই লৌকিক কামনা-বাসনাৰে মত্ত্ব হৈ অহংকাৰত লিপ্ত হয় আৰু সেই অহংকাৰতেই উদ্ভৱ হয় আদি ৰস । তাৰ ফলাফলত বহু বিপদ বিঘিনি আহি সন্মুখত উদয় হয় । তাৰ পৰিত্ৰাণ পাবলৈ হ'লে সেই লৌকিক কামনা-বাসনা অন্ত পেলাই অহংকাৰ শূন্য মন এটাৰ জন্ম দিব লাগিব আৰু তেতিয়াই জিজ্ঞাসাৰ স্থিত হৈ জ্ঞান নিৰ্গত হ'ব আৰু দেহত সঞ্চাৰিত হ'ব প্ৰকৃত ভক্তি । ভক্তি মাৰ্গত নিজকে বিলীন কৰি ভগৱানৰ চৰণ চিন্তা কৰিলেহে মানৱীয় প্ৰমূল্যবোধৰ ধাৰা অব্যাহত থাকিব ।
 এতিয়া প্ৰধান কথা হ'ল ৰাস উপভোগ কৰিবলৈ  যি হাজাৰ হাজাৰ দৰ্শকৰ আগমন ঘটে , তেওঁলোকৰ হৃদয়ত তেনে কি ভাবৰ উদয় হয় ? প্ৰকৃততে তেওঁলোকে কামনা-বাসনাৰে পূৰ্ণ অহংকাৰ জাগ্ৰত মনটোৰ ইন্দিয় দমন কৰিব পাৰিছেনে ! তেওঁলোকৰ হৃদয়ত  ভক্তিৰস  সঞ্চাৰিত হ'লেহে আত্মানুসন্ধানেৰে ভগৱানৰ চৰণত নিজকে অৰ্পণ কৰি প্ৰকৃত প্ৰমূল্যবোধৰ জন্ম দিব পাৰিব । সমস্ত ৰাসক যদি আমি বাস্তৱ দিশেৰে পৰ্যবেক্ষণ কৰি চাওঁ তেতিয়াই দেখিম যে আমাৰ কৰ্মৰ অনুপ্ৰেৰণাৰ ই এটা উৎস হৈ পৰিব । যিদৰে গোপীসকলে কৃষ্ণক পাবলৈ কাত্যায়নী ব্ৰত পালনেৰে জীৱনৰ মায়া ত্যাগ কৰি নিজ কৰ্তব্য পালন কৰিছিল সেয়া আছিল ঈশ্বৰ প্ৰাপ্তি এটি সৎ কৰ্ম । ঠিক সেইদৰেই ভক্তসকলক সকলো বিপদৰ পৰা ৰক্ষা কৰিবলৈ কংসৰ অনুচৰ , অসুৰবোৰক বধ কৰিছিল সেয়াও আছিল কৰ্তব্যৰ আধাৰ । তেনেকৈয়ে কৰ্তব্য পালন কৰিবলৈ হ'লে বহুতো নীতি -নিয়ম মানি চলাটো প্ৰয়োজন ।  মায়া-মোহ ত্যাগ কৰিব পাৰিলেহে সেই নীতি-নিয়মসমূহ অৱলম্বন কৰিব পাৰি । ৰাস লীলাই আমাক সকিয়াই দিয়ে যে কোনো সৎ উদ্দেশ্যৰে , সুস্থ মস্তিষ্কৰে এক সুস্থ পৰিৱেশতহে যিকোনো কৰ্মত অৱতীৰ্ণ হ'ব পাৰে , লাগিব মাথোঁ ধৈৰ্য , জিজ্ঞাসা আৰু জ্ঞান ।
 ৰাসৰ উখল-মাখল পৰিৱেশত অতিথিক আদৰ - সাদৰেৰে আপ্যায়িত কৰি যেনে ধৰণেৰে সেৱা কৰা হয় সেয়া আয়ত্ব কৰিব পাৰে একমাত্ৰ মানৱীয় গুণৰ অধিকাৰীসকলেহে । তেনে সেৱাত মুগ্ধ হৈ মানৱে মানৱৰ প্ৰতি সহনশীলতা বৃদ্ধি কৰে, সৃষ্টি হয়  মৰম আন্তৰিকতা আৰু একতা । সেয়েহে আমি ক'ব পাৰো যে ৰাস কেতিয়াও উৎসৱ নহয় , ৰাস হৈছে মানুহক মানুহৰ প্ৰবৃত্তিৰে , ভগৱান প্ৰদত্ত গুণৰে জীয়াই থাকি  সুস্থ সৱল জীৱন যাপন কৰাৰ এক উৎস । 
শেষত সকলো অসমবাসীৰ মাজত প্ৰৱাহিত হওক ৰাসৰ প্ৰমূল্যবোধ ,  সঞ্চাৰিত হওক শান্তি , ঐক্য আৰু ন্যায় ।যুৱক-যুৱতী সকলৰ মনৰ পৰা লোপ পাওঁক উশৃংখলতা , ৰসোময় কৃষ্ণই সকলোৰে অন্তৰ আত্মাত বিৰাজ কৰি ৰসাল কৰক প্ৰত্যেকৰেই জীৱন । সদৌটিলৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ শুভেচ্ছা জ্ঞাপন কৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা নিবেদন কৰিলোঁ।
জয় যাদৱ ৰায় ।


মাজুলীত ৰাসৰ উৎপত্তিঃ

শৰৎ কাল আগমনৰ লগে লগেই সকলোৰে মন-প্ৰাণ নাচি উঠে । ৰাধা- কৃষ্ণ মিলনৰ সেই সুমধুৰ ক্ষণলৈ অপেক্ষা কৰে সকলোৱেই । ৰাস বেয়া পোৱা মানুহ হয়তো নোলাব ।
  বহু নৰ্তকীযুক্ত নৃত্য বিশেষেই হৈছে ৰাস । ৰাসেশ্বৰ কৃষ্ণই যি লীলা কৰিছিল , সেয়াই হৈছে ৰাস । বেদৰ মতে," ৰসো বৈ স" অৰ্থাৎ শ্ৰীকৃষ্ণ ৰসময় । "ৰসং ইদং ৰাস" অৰ্থাৎ কৃষ্ণলীলাত পতিয়ন গৈ গোপীসকলে ভাব-ভংগীমাৰে , ভক্তিৰসত বুৰ গৈ যি নৃত্য গীত কৰিছিল সেয়াই হৈছে ৰাস ।
কিন্তু এই ৰাস ভাগিৰ উৎপত্তি কেনেকৈ হৈছিল হয়তো বহুতেই নাজানে ।
শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰৰ দশমজনা ধৰ্মাধীকাৰ স্বৰ্গীয় বাসুদেৱ গোস্বামী ১৭৫০ শকত ধৰ্মৰ আসনত বহে । সেইসময়ত ৰজা আছিল পুৰন্দৰ সিংহ । ১৭৬৮ শকৰ আহাৰ মাহত বৰপানী হৈ সত্ৰখন খহনীয়াৰ কবলত পৰিছিল । নামঘৰৰ ভিতৰতে কঁকাললৈ পানী হৈছিল ।  সেই সময়ত সত্ৰখন ৰাধাচাপৰিত অৱস্থিত আছিল । এটাৰ পিছত আনটো বছৰত খহনীয়াৰ প্ৰকোপ বাঢ়ি যোৱাত অধিকাৰে মহাপ্ৰভু যাদৱ ৰায় চৰণত সমস্ত অৰ্পণ কৰি তুতি প্ৰাৰ্থনা কৰিছিল । দুদিনমানৰ পিছতেই অধিকাৰে সপোন দেখিলে , যাদৱৰায়ে আহি অধিকাৰক কলে যে শ্ৰীকৃষ্ণৰ জন্মৰ পৰা এখন নাটক ৰচনা কৰি তাক অভিনয় কৰিলেই ব্ৰহ্মপুত্ৰই সেই সমস্যাৰ পৰা নিজৰ গতি সলনি কৰিব ।
সপোনত দেখা কথাবোৰ বৈষ্ণৱসকলৰ আগত অৱগত কৰিলে আৰু শ্ৰীকৃষ্ণৰ জন্মৰ পৰা অৰিষ্টাসুৰ বধ পৰ্যন্ত নাট এখনি ৰচনা কৰিলে ।
১৭৭২ শকত সেই নাটখনি সম্পূৰ্ণ কৰি শৰৎ কালৰ পূৰ্ণিমা  তিথিত তিনিদিনিয়াকৈ পূজা পদ্ধতিৰে পালন কৰিলে "ৰাস কীৰ্ত্তন " ।
সেই ৰাস কীৰ্ত্তন নাটক খনেই হৈছে ৰাসৰ মূল নাটক । ক্ৰমশঃ ন-ন গীত মাত ৰচনা কৰি পূৰ্ণ পৰ্যায়ৰ নাটকৰ ৰূপ দিলে । প্ৰতি বছৰে পালন কৰিবলৈ ধৰিলে এই ৰাস পূজা । তেতিয়াই ব্ৰহ্মপুত্ৰই গতি সলনি কৰিলে আৰু তেতিয়াৰ পৰাই দক্ষিণ পাট সত্ৰৰ লগত ব্ৰহ্মপুত্ৰৰ এক নিবিড় সম্পৰ্ক গঢ়ি উঠিল । 
প্ৰবাদ মতে এক অলৌকিক শক্তিৰে আৱিৰ্ভাৱ হয় শ্ৰীবৃন্দাবনচন্দ্ৰ ।
ৰাসলৈ কেইটামান দিন বাকী থাকোতে বাসুদেৱ প্ৰভুক স্বপ্নত আহি স্বয়ং বৃন্দাবনচন্দ্ৰই ক'লে ,"মই ৰাসপূজাৰ অগ্ৰভাগ ল'বৰ বাবে বৃন্দাবনীয়া বেশধাৰী হৈ তোমাৰ সন্নিকতে অদৃশ্য হৈ আছো ।"

স্বপ্ন দেখি সত্ৰাধিকাৰ প্ৰভুৱে আনন্দত সকলো বৈষ্ণৱক সকলো কথা বিৱৰি কোৱাত পূজাৰী, বৈষ্ণৱ সকলোৱে ধূপ-দীপ নৈবেদ্য দি পূজা কৰিবলৈ ধৰিলে । গায়নে-বায়নে , মঙ্গল বাদ্য পৰিবেশন কৰি বৃন্দাবনচন্দ্ৰৰ নাম স্মৰণ কৰি জয়ধ্বনি কৰিবলৈ ধৰিলে । তেনেতে এজন বৈষ্ণৱে সত্ৰৰ ন-পুখুৰীত কিবা এটা চিকমিকনি পানীত ওপঙি থকা প্ৰতক্ষ কৰিলে । লগে লগে কথাটো বিয়পি পৰিল । সত্ৰাধিকাৰ , পূজাৰী আৰু বৈষ্ণৱ সমন্বিতে পুখুৰীৰ পাৰলৈ গৈ শঙ্খ, ঘন্টা ,বৰকাঁহ আদি মঙ্গল বাদ্য কৰি ধূপ-দীপেৰে আৰতি কৰি স্বয়ম্ভু বিগ্ৰহ জনাক পাৰলৈ তুলি আনিলে।
সত্ৰাধিকাৰ প্ৰভুৱে বৃন্দাবনচন্দ্ৰৰ স্তুতি আৰতি কৰি ভক্তি ভাবে আদৰি আনি যথাবিধি অনুসৰি মন্দিৰৰ বেদীত প্ৰতিষ্ঠা কৰি সোণৰ মুকুট, সোণৰ বাঁহী ,সোণৰ কংকন আদি সুবৰ্ণ অলংকাৰে সুশোভিত কৰিলে ।
ৰাস পূজা উপভোগ কৰা এইজনা মহাপ্ৰভু বৃন্দাবন চন্দ্ৰ শয়ণ একাদশীত শয়ণ কৰে ,  পাৰ্শ্বপৰিবৰ্ত্তন একাদশীত কাতি সলাই , আৰু উথায়ন একাদশীত পুনৰ ৰাস পূজাৰ নিমিত্তে শৰ্য্যা ত্যাগ কৰে ।
ৰাস পূজাৰ আগদিনা অৰ্থাৎ 
অধিবাসৰ দিনা সন্ধ্যা দবা, কাঁহ , খোল-তাল বজাই , নাম-কীৰ্ত্তন কৰি , আনন্দ উল্লাসত ফটকা ফুটাই মহাপ্ৰভুক ডোলাত উঠাই বাহিৰ কৰাপাটলৈকে ফুৰাই আনি নিকুঞ্জ মন্দিৰত স্থাপন কৰি পূজা-সেৱা আৰম্ভ কৰে । মন্দিৰৰ  চৌপাশে আৱেষ্টিত কৰি ৰাখে নন্দ , সুনন্দ , শ্ৰীদাম, সুদাম ,  ললিতা , বিশাখা, ৰাধা আদি পাৰ্ষদ গণক ।প্ৰত্যেককে নতুন বস্ত্ৰ পৰিধান কৰাই নতুনকৈ সজোৱা হয় । ৰাস পূৰ্ণিমাৰ দিনা
মণ্ডপৰ সন্মুখতে ৰাসপূজা , হোম , যজ্ঞ , গীতা পাঠ , বিষ্ণুৰ সহশ্ৰ নাম পাঠ আদি কৰা হয় । মঞ্চত ৰাস অভিনয়ৰ  স্বৰূপেই মঞ্চত পূজা চলি থাকে ।  তৃতীয় দিনা পালন কৰা হয় ইন্দাভিষেক  নৃত্য আৰু সন্ধিয়ালৈ মহাপ্ৰভুক বাহিৰ ক'ৰাপাটলৈকে সত্ৰীয়া পৰম্পৰাৰে ফুৰাই আনি পুনৰ মনিকুটত প্ৰতিস্থা কৰা হয় । সম্পূৰ্ণ পূজা পদ্ধতিৰে পৰিকল্পিত এই ৰাস ভাগী দৰ্শন কৰিবলৈ বছৰি বছৰি হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা যায় । চকুৰ তৃপ্তিতকৈ আত্মিক তৃপ্তিৰ প্ৰাধান্য বেছি দক্ষিণ পাট সত্ৰৰ ৰাসত । 
বৃন্দাবন চন্দ্ৰৰ প্ৰসাদ:
বৃন্দাবনচন্দ্ৰৰ পূজাৰ উপৰিও ৰাস মঞ্চত কৃষ্ণ -বলৰামে আৰু গোপবালক সকলে পৰিবেশন কৰা লাড়ু, চেনীপিঠা , লৱনু , মিঠৈ , চন্দেশ ,আদি সত্ৰাধিকাৰ প্ৰভুৰ সমন্বিতে বৰপূজাৰী আৰু পালি পূজাৰীয়ে সত্ৰাধিকাৰ প্ৰভুৰ বাসগৃহতে শুদ্ধ -শুচিতাৰে প্ৰস্তুত কৰে । এই প্ৰসাদ পাবলৈ ভাৰতৰ প্ৰায় শিষ্যই আশা কৰে আৰু বৃন্দাবনচন্দ্ৰৰ পূজালৈ বুলি ডাকযোগে দক্ষিণা আগবঢ়াই । বিশ্বাস আছে যে যি মনত বাঞ্চা কৰি বৃন্দাবনচন্দ্ৰৰ সেৱা কৰা হয় ,সেই মনোকামনা অতি সোনকালে পূৰ্ণ হয় ।

আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল যে দক্ষিণ পাত এসত্ৰত এতিয়াও সেই একে পদ্ধতিৰে হয় ৰাস পূজা । আনকি কৃষ্ণ -বলোৰামে ব্যৱহাৰ কৰা মুকুট দুটাও সোণ আৰু ৰূপেৰে নিৰ্মিত । চকুৰ তৃপ্তিতকৈ মন-মগজুৰ আৰু আত্মাৰ তৃপ্তি পাবলৈ হ'লে দক্ষিণ পাট সত্ৰৰ ৰাসৰ অৱদান উল্লেখনীয় । বিগত বৰ্ষৰ দৰেই এইবছৰো সন্ধিয়া সমজুৱাকৈ ১৭৯ গচি বন্তি প্ৰজলনেৰে শুভাৰম্ভ হ'ব শ্ৰী শ্ৰী  দক্ষিণ পাট সত্ৰৰ ৰাস ।


পৃষ্ঠাঃ ৮
প্ৰৱন্ধঃ

আঢ্যৱন্তৰ প্ৰতীক : সাহিত্য

স্বপ্নম জ্যোতি কলিতা
গোলাঘাট (বেজগাওঁ)
দূৰভাষ : ৬০০১৬০৯৩৫৯
উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ
কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

             সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হয় । এখন সমাজৰ পৰা আৰম্ভ কৰি বৃহৎ কোণলৈ । মানুহৰ চিন্তা কৰ্ষণৰ পৰা আৰম্ভ কৰি প্ৰমূল্যবোধলৈকে । এই বিৱৰ্তন সাহিত্যতো , সাহিত্য সুকুমাৰ কলাৰেই ফলশ্ৰুতি । অতীজৰে পৰা সাহিত্য সকলোৰে আপোন আৰু এক বিশেষ সন্মানৰ প্ৰতীক । এই কথা অতীজত মুখে মুখে প্ৰচলিত মৌখিক লোক সাহিত্যৰ পৰা আৰম্ভ কৰি ছপা মাধ্যমত প্ৰকাশ হোৱালৈকে এই সমূহেই ইয়াৰ সাক্ষ্য বহন কৰে । সাহিত্যই প্ৰতিনিধিত্ব কৰে একোটা যুগৰ সমাজ ব্যৱস্থা , সাহিত্য সংস্কৃতিক ।
            অসমীয়া সাহিত্যৰ বুৰঞ্জীত তিনি ধাৰাত বিভক্ত আদি , মধ্য আৰু আধুনিক । বিভিন্ন যুগৰ সাহিত্যৰাজিয়ে সেই যুগৰ সাহিত্যৰ বৈশিষ্ট্যক প্ৰাধান্যতা দিয়ে । প্ৰাচীনতাৰ পৰা আধুনিক তথা বৰ্তমান যুগলৈ সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত কাকত-আলোচনীৰ ভূমিকা প্ৰণিধানযোগ্য । কাকত-আলোচনী যদিও বৰ্তমান যুগৰ বস্তু ই আদি বা মধ্য যুগৰ সাহিত্যতকৈ আধুনিক সাহিত্যক অধিক মাত্ৰা প্ৰদান কৰিলে । ১৮৪৬ চনতে প্ৰকাশিত প্ৰথম অসমীয়া আলোচনী 'অৰুণোদয়'কে আৰম্ভ কৰি পৰৱৰ্তী কালৰ 'আসাম বন্ধু' , 'জোনাকী' , 'জয়ন্তী' , 'বাঁহী' , 'আৱাহন'কে আদি কৰি আজিৰ 'প্ৰান্তিক' , 'প্ৰকাশ' , 'গৰীয়সী' , 'সাতসৰী'লৈকে এক পূৰ্ণ বিকাশৰ অধ্যায় । এই কাকত-আলোচনী সমূহত প্ৰকাশিত লেখা সমূহত চকু ফুৰালেই পৰিলক্ষিত হয় সেই সময়ৰ সমাজ ব্যৱস্থা , ব্যক্তি বিশেষৰ চিন্তা , সমস্যা কেনেধৰণৰ আছিল ।
            গ্ৰন্থৰ লগতে কাকত-আলোচনী সমূহেও সাহিত্যৰ বিকাশত অৰিহণা যোগায় । বৰ্তমান গণ মাধ্যম সমূহেও প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যথেষ্ট পৰিপক্কতা প্ৰদান কৰিছে , এই কথা কেতিয়াও নুই কৰিব নোৱাৰি যদিও কিছু কাৰণত নেতিবাচক দিশসমূহো সাঙোৰ খাই আহে সেয়েহে হয়তো উদ্ভৱ হয় বহুতো বিতৰ্কিত প্ৰসঙ্গ ।
             এজন ভাল লেখক হ'ব লাগিলে এজন ভাল পাঠকো হ'ব লাগিব । আটাইতকৈ দুখ জনক কথাটো হ'ল যে বৰ্তমান পাঠকৰ সংখ্যা নিচেই তাকৰ । ইয়াৰ মূলতে হৈছে ছপা মাধ্যমত নিজৰ নামটো দেখাৰ হাবিয়াস আৰু কিছু স্বীকৃতি । এনে পৰিপ্ৰেক্ষিতত সাহিত্যৰ গুণগত বিকাশ‌ আৰু মানদণ্ডৰ উন্নীতকৰণ হৈছেনে নাই সেই কথা একে এষাৰে কোৱা অসম্ভৱ । কেতিয়াবা যথোপযুক্ত পৈণত লেখাও উপযুক্ত সম্পাদনাৰ অভাৱত যথোচিত মূল্যায়ন পাবলৈ বহুবেলি অপেক্ষা কৰিব লগা হয় । এটা কথা ঠিক যে অতীজৰে পৰা সাহিত্য সন্মানৰ বস্তু আঢ্যৱন্তৰ প্ৰতীক । আজিও দুখন কিতাপ বেছিকৈ অধ্যয়ন কৰা ব্যক্তিক মানুহে কিছু পৃথক দৃষ্টিৰে চায় । কিবা এটা কোৱাৰ আগতে আগ পাছ গুণিহে কয় । আজিকালি এনে কিছুমান ব্যক্তিও আছে যি নিয়মীয়া ভাৱে কাকত আলোচনী গ্ৰহণ কৰে । চ'ৰাঘৰ নাইবা নিজাকৈ পুথিভঁৰাল নিৰ্মাণ কৰি ভিন্নসুৰীৰ কিতাপ আলোচনী থৈ আভিজাত্যৰ পৰিচয় দিয়ে । কিন্তু , সাহিত্যৰ পক্ষে ই কিঞ্চিৎমানো হিতকাৰী নহয় । কিয়নো সাহিত্য এটা ঠেক গণ্ডীৰ মাজত আৱদ্ধ বস্তু নহয় ই বিশ্বজনীনতাৰহে পৰিচায়ক । ইয়াক উপযুক্ত সমালোচনাৰ মাজেৰে আগুৱাই নিলেহে পূৰ্ণতা পাব আৰু সমীচিত হ'ব ।


পৃষ্ঠাঃ ৯

প্ৰৱন্ধ

বান আহে বাৰে বাৰে

অংশুমান ভূঞা
চামতা, নলবাৰী
৬০০২৯ ৯৪৯৮০

   অসম এখন সুজলা-সুফলা, শস্য-শ্যামলা, প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সম্পদতো চহকী ৰাজ্য। তথাপি কিন্তু এই ৰাজ্যখনৰ সমস্যাৰ আদি-অন্তই নাই। এইবাৰ আকৌ নতুন শত্ৰু কৰ'নাই অথাই সাগৰত পেলাই ৰাজহাঁ‌ড় বেঁ‌কা কৰি পেলাইছে। তাৰ লগে লগে প্ৰতিবছৰে অহাৰ দৰে এইবাৰো বানে সংহাৰী ৰূপ ধাৰণ কৰি ৰাইজৰ আলাই-আথানিৰ আদি-অন্ত নোহোৱা কৰিছে। প্ৰতি বছৰেই অসমবাসী এই যমৰ যাতনাৰ মুখামুখি হৈ আহিছে।ঘৰ-বাৰী, খেতি-পথাৰ সকলো ধ্বংস কৰাৰ লগতে প্ৰতিবছৰৰ সংহাৰী বানত বনৰীয়া-ঘৰচীয়া জীৱ-জন্তুৰ উপৰিও মানুহৰো প্ৰাণহানি হৈ আহিছে। কৃষিনিৰ্ভৰ ৰাজ্যখনত বছৰি কত কৃষি মাটি নৈৰ বুকুত জাহ গৈছে নাইবা কৃষিৰ অনুপযোগী হৈ পৰিছে। নদীয়ে যেনেদৰে অসম ভূমিক প্ৰাণ দিছে, ঠিক তেনেদৰে প্ৰাণ কাঢ়িও আছে।খৰালি শান্ত-শিষ্ট আৰু বাৰিষা ৰুদ্ৰমূৰ্তি ধাৰণ কৰা লুইতক নিয়ন্ত্ৰণ কৰি ইয়াৰ শকতিৰে ৰাজ্যখনক উন্নয়নৰ দিশলৈ আগুৱাই লৈ যোৱাৰ ভালেমান থল আছিল যদিও অসমৰ এই গুৰুতৰ সমস্যাটোৰ প্ৰতি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো গুৰুত্ব নাই। ভাৰত ৰাষ্ট্ৰৰ সকলো সমস্যাৰ বোজা অসম ৰাজ্যৰ ওপৰত পৰে যদিও ৰাজ্যখনৰ সমস্যাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ আওকনীয়া মনোভাব চিৰকলীয়া।এতিয়াও চীনা আগ্ৰাসনত সন্ত্ৰস্ত হৈ ব্ৰহ্মপুত্ৰৰ বুকুভেদি সুৰংগ নিৰ্মাণৰ আঁ‌চনি লোৱা হৈছে যদিও অতদিন ৰাইজৰ দুখত পৰিণত হোৱা লুইতক সম্পদৰূপত গঢ় দিবলৈ কোনো সদিচ্ছা নেদেখুৱালে।হাজাৰ কাকূতি-মিনতি কৰাৰ পাছতো ৰাজ্যৰ বানপিনীৰ সমস্যাটো আজিলৈকে ৰাষ্ট্ৰীয় দুৰ্য্যোগ ৰূপেই ঘোষিত নহ'ল।নিয়মমাফিক কেতিয়াবা সময় পালে হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰাই দুখৰ সমভাগী হৈ ঘঁ‌ৰিয়ালৰ চকুপানী টোকে আৰু ক্ষয়-ক্ষতিৰ তুলনাত নামমাত্ৰ আৰ্থিক সাহায্যৰে নিচুকায়।অন্য ৰাজ্যৰ ক্ষেত্ৰত দৌৰ মাৰি যাবলৈ সময় পোৱাৰ লগতে সাহায্যৰ পেকেজো ডাঙৰ হয়। ৰাজ্যিক পৰ্যায়তো সেই একেই আওকনীয়া মনোভাব। বিগত সময়ছোৱাত কেইবাটাও ৰাজনৈতিক দলে শাসনৰ গাদীত বহিলে যদিও কোনো এটা দলেই সমস্যাটোৰ ফলপ্ৰসূ সমাধানৰ ক্ষেত্ৰত আন্তৰিকতাৰে দিহা নকৰিলে।ফলত সমস্যা হৈয়েই ৰৈছে, বৰঞ্চ আগতকৈ ই বেছি ভয়াবহহে হৈ গৈ আছে। প্ৰতি বছৰৰ বানে ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোত ৰামটাঙোন শোধাই আহিছে।ৰাজনৈতিক দলবোৰৰ বাবে ই এক শক্তিশালী ৰাজনৈতিক হাথিয়াৰ হৈ আহিছে। প্ৰতি নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত বানপানী নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ সুৱদি সুৰীয়া ভাষণে চৌদিশ ৰজনজনাই যায় যদিও সময়ত সেই একেই যমৰ যাতনা। ৰাজনৈতিক পাশাখেলত কৃষিজীৱী-শ্ৰমজীৱী সাধাৰণ জনতাৰ সপোন-জীৱন বন্দী হৈ ৰয়। এনে অসহনীয় দুখ-দুৰ্দশা দেখিও নেতাগণৰ গাৰ নোম নলৰে। বান অহাৰ পাছতেই পৰৱৰ্তী বৰ্ষৰ বাবে ভালেমান চমকপ্ৰদ আঁ‌চনি ঘোষণা কৰা হয় যদিও খৰালিটো বিভাগবোৰ শুই থাকি বাৰিষাৰ আগমুহূৰ্তত খদমদম লগায়। মাজে মাজে আকৌ বিদেশ ভ্ৰমণ কৰি অহা নেতাৰ মুখত শুনা যায় বিদেশৰ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি বানপানী ৰোধৰ কথা। কিন্তু সময়ত সকলো ফুটুকাৰ ফেন। তাৰ পৰিৱৰ্তে বাস্তৱত দেখিবলৈ পালো 'নমামি' উৎসৱৰ।পূজা-পাতলেৰে নদী কি নিয়ন্ত্ৰণ কৰিলে ৰাইজে নিজ চকুৰে দেখিলেই। ৰাইজৰ কোটি কোটি টকাৰ শৰাধ ঘটিল। সেই টকাখিনি যদি সততাৰে ৰাইজৰ কামত খটুৱালেহেঁ‌তেন, অন্ততঃ কিছু ৰাইজে সকাহ পালেহেঁ‌তেন।তাৰ মাজতে যিখিনি কাম হয় তাতো দুৰ্নীতিৰ হাতোৰা, বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱ। ফলত পানী বাঢ়িলেই প্ৰতি বাৰে বান্ধ, মথাউৰি সকলো ভাঙি-ছিঙি যায়।এনেদৰে প্ৰতি বছৰে ৰাইজৰ কষ্টৰ টকাবোৰ অথলেহে গৈ আছে। এচামৰ বাবে বানপানী খীৰতী গাইত পৰিণত হৈছে বাবেই এই অৱহেলা। এই দুৰ্নীতিৰ হাতোৰা ওপৰ মহলালৈ বিয়পি থাকে বাবেই দোষীৰ শাস্তিৰো উম-ঘাম পোৱা নাযায়। এইবাৰ সংশ্লিষ্ট বিভাগ, চৰকাৰে কৰ'না আৰু লকডাউনক বান নিয়ন্ত্ৰণত বাধাস্বৰূপে দেখা দিয়া বুলি গা সাৰিব খুজিছে। তেনে পলায়নবাদী মনোভাবৰ পৰিৱৰ্তে এই সমস্যাটিৰ এক স্থায়ী সমাধানৰ বাবে আন্তৰিকতা দেখুৱাওক।পৰিকল্পনাহীন পাল মৰা কাম আৰু ঘঁ‌ৰিয়ালৰ চকুপানীয়ে ৰাজ্যখন বচাব নোৱাৰে, ডুবাবহে।
          এই সাধাৰণ লেখাটোৰ জৰিয়তে চৰকাৰ তথা ৰাজনৈতিক দল সমূহক সমালোচনা কৰাৰ পৰিবৰ্তে, চৰকাৰ তথা সকলো দললৈ বিনম্ৰ ভাৱে অনুৰোধ জনাওঁ যে অসমৰ বানপানী সমস্যাটোৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰি কৃষিজীৱি অসমীয়া জাতিৰ লগতে অসমখনক ৰক্ষা কৰক।

------------------------------------------------------------------------------
পৃষ্ঠাঃ ১০
ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন

দুৰ্গেশ্বৰ শইকীয়া
মাজুলী

দহ

দ্ৰুত গতিৰে ''প্ৰগতি শিশু উন্নয়ন কেন্দ্ৰ" ৰ কাম আৰম্ভ হ'ল । ডেকাহঁতৰ প্ৰচেষ্টাত ৰাইজেও হাত উজান দিলে । কম দিনৰ ভিতৰতে আটক ধুনীয়াকৈ ঘৰটো সাজি উলিয়ালে লʼৰাহঁতে ।  চৌহদটো বেৰাৰে আবৃত কৰি সমুখত দুফালে দুখন ফুলৰ বাগিচা কৰাৰ বাবে ব্যৱস্থা কৰা হʼল আৰু সেই মতে ফুল ৰোৱাৰ কামো সিহঁতে আৰম্ভ কৰিলে । ফনী মাষ্টৰৰ দিহামতে চৌহদৰ চাৰিওফালে বেৰৰ কাষে কাষে নাহৰ , কৃষ্ণচূড়া আদি গছৰ পুলিও লগোৱা হৈছে । মুঠতে সকলো প্ৰকাৰে অনুষ্ঠানটো আকৰ্ষণীয় পৰিৱেশেৰে সজাই পৰাই তোলাৰ এক দীৰ্ঘম্যাদী আঁচনি লোৱা হৈছে । সদ্যহতে ঘৰটোৰ সৈতে ঠাইকণ ভাল লগা হৈ পৰিছে । মাষ্টৰেই গাঁঠিৰ পইচাৰে নামফলক এখনো লিখাই আনি আঁৰি দিলেহি । অনুষ্ঠানৰ বাবে ঘৰ সাজু হৈ উঠিল । ভাল দিন বাৰ এটা চাই এতিয়া শুভ উদ্বোধনহে কৰিব লাগে । আলোচনা মৰ্মে কাতি বিহুৰ দিনাই অনুষ্ঠানটিৰ দুৱাৰ মুকলি কৰাৰ সিদ্ধান্ত হʼল । কাতি বিহুলৈ মাজতে আৰু দহটা দিনহে আছে ।
          সন্ধিয়া মাষ্টৰৰ ঘৰত আটাইবোৰ ল'ৰা গোট খালেহি । কাতি বিহুৰ দিনা 'প্ৰগতি শিশু উন্নয়ন কেন্দ্ৰ' ৰ দুৱাৰ মুকলি কৰাৰ সম্পৰ্কত আলোচনা কৰা হʼল । কাক কি দায়িত্ব দিয়া হʼব , কাক আমন্ত্ৰণ জনোৱা হʼব ইত্যাদি সিদ্ধান্ত হʼল । মাষ্টৰে প্ৰস্তাৱ দিলে , "লʼৰাহঁত , ৰূপৰাম দেদাইক ফিটা কাটি অনুষ্ঠানৰ দুৱাৰ মুকলি কৰিবলৈ আৰু বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিবলৈ নিমন্ত্ৰণ দিয়া হওক । তেওঁৰ ভূমি দানৰ বাবেইটো ইমানখিনি সম্ভৱ হৈ উঠিছে ।" মাষ্টৰৰ কথা সকলোৱে একমুখে সমৰ্থন জনালে । সিহঁতেও বোলে "আমিও বৰ দেউতাক কিবা এটা দায়িত্ব দিয়াৰ কথা ভাবিছিলোয়েই ।'' মাষ্টৰৰ দিহা মতেই আৰু সিদ্ধান্ত হʼল যে দুৱাৰ মুকলি কৰাৰ পাছতেই এখন ৰাজহুৱা সভা হʼব । সভাত অনুষ্ঠানটোৰ সকলো লক্ষ্য উদ্দেশ্যৰ কথা ৰাইজক অৱগত কৰোৱা হʼব ।
          ভিতৰৰ পৰা মাষ্টৰণীয়ে চাহ আনি মাজতে সিহঁতক দি গʼলহি আৰু কামৰ বাবে সিহঁতক উৎসাহে দিলেহি । সভাখনৰ প্ৰস্তুতিৰ বাবে কোনে কি দায়িত্ব লʼব অৰ্থাৎ আমন্ত্ৰণ কৰিব লগা ব্যক্তিসকলক লগ ধৰা , ৰাইজক পঢ়াৰ জাননী দিয়া , ৰভাৰ ব্যৱস্থা কৰা , গীত মাতৰ ব্যৱস্থা কৰা সকলো দায়িত্ব ভাগে ভাগে দিয়া হʼল ।
          আলোচনাৰ অন্তত লʼৰাহঁত যাবলৈ ওলাল ।সিহঁতক আগবঢ়াই দিবলৈ মাষ্টৰো পদূলিলৈকে ওলাই আহিল । নিশা হৈ আহিছিল । জপনাখন বন্ধ কৰি খন্তেক ৰৈ মাষ্টৰে চাই পঠিয়ালে সমুখলৈ । বতাহত কʼৰবাৰ পৰা ওপঙি আহিছিল শেৱালী ফুলৰ মৃদু মৃদু সুবাস এটা । শৰতৰ জোনাকবোৰে মনটোক কিছু ৰোমাণ্টিক কৰি তুলিলে । "হওক তেওঁ এই তেজাল যৌৱনৰ ডেকা খিনিয়ে তেওঁক নিসংগতাৰ অনুভৱ খিনিৰ পৰা বচাই ৰাখিছে । সিহঁতৰ উদ্যম , সৎ চিন্তা , প্ৰচেষ্টা আৰু সম্প্ৰীতিৰ বাবেই অঞ্চলটোৱে অকন পোহৰৰ মুখ দেখিছে । আজি চাৰিওফালে অন্ধবিশ্বাস , সংশয় , ভেদাভেদ সংঘৰ্ষ আদিয়ে বিষ বাষ্প বিয়পাই দিয়াৰ সময়ত সিহঁতে সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰিছে , দহৰ হকে , সমাজৰ উন্নতিৰ হকে কিবা এটা কৰাৰ কথা ভাৱিছে ।'' স্মৃতিৰ পেৰাটো লাহে লাহে খুলি গৈ থাকিল তেওঁ । মনত ভাঁহি উঠিল তেওঁৰো ডেকা বয়সৰ কথাবোৰ  ।
               
          ইহঁতৰ দৰে তেজাল যৌৱনৰ সময়ছোৱাত তেওঁলোকৰো এনে এটা দল আছিল । অঞ্চলটোৰ বাবে , সমাজখনৰ বাবেও তেওঁলোকেই বহুখিনি কৰি গৈছিল । এখন সুস্থ , সু-সস্কৃত বাতাবৰণেৰে সমৃদ্ধ সমাজ , এখন শোষণ মুক্ত সমাজ , শান্তি-সম্প্ৰীতিৰে ভৰা ,সমাজ গঠনৰ দুৰন্ত বাসনা লৈ গোট খাইছিল শদিয়াৰ পৰা ধুবুৰীলৈকে  বহু প্ৰগতিশীল মনৰ যুৱক - যুৱতী একেখন মঞ্চতে । ৰাজ্যিক পৰ্যায়ত গঢ়ি তুলিছিল এক জাতীয় অনুষ্ঠান । ডেকা কালৰ গৰিষ্ঠ সংখ্যক সময় কটাইছিল নানা ঠাই ঘূৰি পকি সামাজিক সাংস্কৃতিক কামত । মনত পৰিল কি দৰে এক আত্মীয়তা আছিল অসমৰ বিভিন্ন ঠাইৰ যুৱ সকলৰ মাজত । আজিও যেন তেওঁলোকে বিচাৰি ফুৰে সেই অনুষ্ঠান । অন্য অনুষ্ঠানত বিচাৰি নাপায় সেই চিন্তা-চৰ্চা , সেই নীতি-নিয়ম , বিধি ব্যৱস্থা । কদৰ্য ৰাজনীতিৰ ডিঙি চেপা হেঁচা ৰাজনৈতিক ঢৌত এদিন হেৰাই গʼল তেওঁলোকে গঢ়ি তোলা সেই মহান অনুষ্ঠান । স্মৃতিবোৰ কিন্তু জীৱন্ত হৈ থাকি গ'ল । মনবোৰক কিন্তু মজবুত , ধৈৰ্যশীল আৰু সংস্কৃত অৱস্থা এটা দান হিচাপে দি গ'ল । দি গʼল উদাৰ আৰু উচ্চ চিন্তা ।
           নিজৰ অঞ্চলটোতো তাৰ আৰ্হিতে তেওঁলোকে সামাজিক সাংস্কৃতিক উন্নয়নৰ হকে কাম কৰি গৈছিল । লগৰ বহু কেইজনৰ সৈতে নিজৰ অঞ্চলতো আছিল এটা সৱল সন্মিলিত দল । পিছে নগৰমুখী প্ৰৱণতাৰ বাবে বহু কেইজনে নগৰতে ঘৰ বাৰী কৰি গাঁৱলৈ পিঠি দিলে । দুজনমানে কৰ্ম সংস্থানৰ তাগিদাত দূৰ দূৰণিতে থাকে । বছৰ ছমাহত একোবাৰ আহে । অকলশৰীয়া হৈ গাঁৱত থাকি গ'ল তেওঁ আৰু তেওঁৰ দৰেই মাষ্টৰী কৰি জিৱিকা নিৰ্বাহ কৰি থকা কাষৰ গাঁওখনৰে ৰমেন দাস । দুয়োটাই গোট খাই পুৰণি দিনৰ কথাবোৰকে পাগুলি থাকে । কথাবোৰ মনত পৰিলে কিবা বেদনা কিছুমানে ভাৰাক্ৰান্ত কৰি তোলেহি ।
          "পিছে তেওঁলোকৰেই ফচল নেকি বাৰু এই ইহঁতবোৰ ?'' তেওঁ ভাৱে । হয়। নিশ্চয়কৈ হয় । দুই এটা অনুষ্ঠান পতাৰ সময়ত , সভা-সমিতিত সেই কথাবোৰকে সিহঁতৰ আগত প্ৰাণ খুলি তেওঁ কৈছিল । সিহঁত নিচেই সৰু  থাকোতে তেওঁলোকৰ দুই চাৰিটা অনুষ্ঠানো দেখিছিল । লাহে লাহে আজি যেন তেওঁ তেওঁলোকৰ আদৰ্শ , চিন্তা-চৰ্চাকে দেখা পাইছে ইহঁতৰ ক্ষেত্ৰতো । আশাৰ পুলি এটাই লাহে লাহে গজালি মেলিছে তেওঁৰ মনত । নিজেও সিহঁতৰ লগতে লাগি ভাগি গাঁৱৰ , অঞ্চলৰ কাম-কাজ কৰি মানসিক শান্তি লাভ কৰিছে ।
           ভাৱত বিভোৰ হৈ কিমান সময় তেওঁ পদূলি মুখতে ৰৈ থাকিল কʼবই নোৱাৰিলে । হঠাতে চেঁচা বতাহ এজাকৰ পৰশত কিছু ঠাণ্ডা লগাতহে তেওঁৰ সম্বিৎ ঘূৰি আহিল । তন্ময় ভাৱেৰে লাহে লাহে ভিতৰৰ ফালে খোজ পেলালে তেওঁ ।

আগলৈ
                              ------------------------------------------------------------------------------
পৃষ্ঠাঃ ১১

অভিশ্ৰুতি

চয়নিকা বৰুৱা
যোৰহাট
৯৭০৬২৬৯১০০

যোৱা সংখ্যাৰ পিছৰ পৰা

•মিঠা মিঠা আজি দুচকুতে...
•আৰে তই ? ককায়েক ঋতুক দেখি তাই চিঞৰি উঠিল
•yes baby...
•তইটো কাইলৈ অহা কথাহে আছিল ?
•Oh my sweet sister তইটো জানয়েই, তই ঘৰলৈ আহিছ বুলি গম পালে মই ঘৰ ওলামহি বুলি।
•সেইতো হয় বাৰু আহ আহ
•অহ‌্ ঋতু দা দেখোন ? আৰু এওঁ কোন নো ? আৰে বাহ্ মোৰ হ'ব লগীয়া ভিনীহি নি ?
ওহ্..হু ওহ্..হু.. তাইৰ কথা শুনি মোৰ কাহি কাহি অৱস্থা বেয়া হৈ গৈছে। তেওঁৰ সন্মুখতে কি কৈ দিলে বাৰু ভন্টিয়ে ! তেওঁ বাৰু কি ভাবিব। এবাৰ লাহেকে তেওঁৰ মুখলৈ চালো, নাই তেওঁৰ কিন্তু খং উঠা নাই বৰঞ্চ তললে মূৰ কৰি মিচিকিয়া হাঁহি এটা হে মাৰিছে তেওঁ
এনেতে তেওঁৰ গহীন মাতষাৰ ভাহি আহিল
•ওম ভিনীহি নহয় । কিন্তু বায়ে যদি বিচাৰে তেন্তে মই তোমাৰ ভিনীহি হ'ব নিশ্চয় পাৰিম নে কি কোৱা miss ?
•মোৰ নাম হৃতৃষ্ণা। ঘৰত মোক মায়ে আইজো বুলি মাতে। লগৰবোৰে মোক তৃষ্ণা বুলি মাতে। আপুনি মোৰ ঘৰৰে হ'বগৈ যিহেতু, so call me trishu ok jiju
অ..হ.. বায়ে লাগিলে যিয়েই উত্তৰ নিদিয়ক, আপোনাক মই কিন্তু ভিনীহি বুলিয়েই মাতিম। বেয়া পাই লাভ নাই ok।
oh god কি কি কৈ থৈ গ'ল বাৰু এতিয়া ? কি ভাবিছে বাৰু। এইৰ মানে মুখত যি আহে তাকে কৈ থৈ যায়। এনে লাগিছে বৰদৈচিলা অহাদি আহি গোটেই খন উৰুৱাই লৈ গ'ল। বাৰুকৈয়ে মা নাই । মায়ে শুনা হ'লে কি ভাবিল হেতেন বাৰু চেঃ
•পোৱালি এইবোৰ কি শুনিছো মই ?
অথনিৰে পৰা মনে মনে বহি থকা দাদায়ে তপৰাই মাতিদিলত বুকুখন কিবা চিৰিং কৰিলে। তাতে তাৰ সেই গল-গলিয়া মাতটো
•নাই একো নাই 
এইবুলি কৈ মই খোৱাৰ পৰা উঠি পাকঘৰ পালোগে
•অভি তোক মই কথা এটা কওঁ বেয়া নাপাবি।।তই যদি এইক ভাল পাৱ সোনকালেই তাইক চিধা কৈ দে কথাটো নহ'লে...
•নহ'লে কি... ঋতু ?
•নহ'লে বহুত পলম হৈ যাব। কাৰণ অহা বুধবাৰে তাইক চাবলে ল'ৰা এজন আহিব আৰু মেইন কথা হ'ল মাহীয়ে যদি ল'ৰা জনক পচন্দ কৰে তেন্তে তাই কেতিয়াও ল'ৰা জনক না বুলি নকয় বুজিলি। গতিকে তই যি ভাল দেখ...
•miss srutishna miss srutishna...
•ওম কওকচোন ?
•এইমাত্র দাদায়ে মোক কৈ থৈ গ'ল তোমাক চাবলে...
•ল'ৰা এজন আহিব।
•কি তুমি মোক কিয়া কোৱা নাই ইমান দিনে হা কিয়...?
তেওঁ খুব জোৰেৰে মোৰ বাহু দুটাত ধৰি জোৰেৰে জোকাৰি অলপ উচ্চ স্বৰত মোক শুধিলে ? তেওঁৰ চকু চলচলিয়া ৰঙা হৈ পৰিছে। এনে লাগিছে তেওঁৰ যেন অন্তৰ খন ভাঙি চুৰমাৰ হৈ গ'ল। তেওঁৰ চকুত মোৰ প্ৰতি যিমান খং দেখা পাইছো, তাতকৈয়ো বেছি দেখা পাইছো ভয়। মোক হেৰুৱাই পেলোৱাৰ ভয়‌ ।
•অাৰে মই কিবা এটা সুধি আছো তোমাক please কোৱা মোক কিয় কোৱা নাছিলা কিয়...? 
•.......
•ঠিক আছে নালাগে ক'ব।কিন্তু মোক এটাকথা কোৱা তুমি তেওঁক জানো পচন্দ কৰিবা ? কোৱা তোমাৰ পচন্দ নহ'লেও যদি তোমাৰ মাৰ পচন্দ হয় তুমি তেওঁৰ লগত বিয়াত বহিবা ? কোৱা miss srutishna
অতি আগ্ৰহেৰে তেওঁ মোক এই প্ৰশ্নটি সুধিলে। কিন্তু মই এতিয়া তেওঁৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম নহয়। মোৰ মনত কি আছে মই নিজেই একো ধৰিব পৰা নাই আৰু তেওঁতো আজিলৈকে মোক স্পষ্টভাবে কোৱা নাই যে তেওঁ মোক ভাল পায় বুলি।গতিকে মই ইমানকে ভাবিথাকি কি লাভ
•please sruti মোক কোৱা। please
•মোৰ মাৰ পচন্দই মোৰো পচন্দ হ'ব।
জোৰেৰে মোৰ হাতখনত ধৰি মোক তেওঁৰ গাৰ কাষলৈ টানি লৈ গ'ল। মোৰ ককালত তেওঁৰ হাতখনে খামুচমাৰি ধৰিলে আৰু ক'লে
•এই কথাষাৰকে মোৰ চকুত চকু থৈ ক'ব পাৰিবা miss ?
•মাজনী তুমি   এইবোৰ ?
হঠাৎ...

আগলৈ



পৃষ্ঠাঃ ১২

ধাৰাবাহিক গল্পঃ

পথভ্ৰষ্ট ডিম্বাণু

বাস্তৱ বড়া
সহকাৰী অধ্যাপক
টিংখাং মহাবিদ্যালয়
(যোৱা সংখ্যাৰ পিছৰ পৰা)

চন্দ্রই মদৰ ৰাগিত মতলীয়া হৈ তাইক অবাইচ মাতেৰে গালি পাৰে-'…তাই বাজী ৷ তাইক হেনো চন্দ্ৰই জোকায় ৷বান্দী চাল্লা, তোৰ দেহাত কিডাল আছে ?  যদি কিবা আছেও সেয়া ইন্দ্ৰই নেচায় ৷ চালেও চক ৷ মোক সন্তান লাগে ৷ সন্তান ৷ পাৰিবি তই তাৰ সন্তান ফুকাবলে ?  নোৱাৰ তই ৷ তোৰ গৰ্ভ শুকান ৷ সমস্তই জানে তোৰ কথা ৷ বাপেৰৰ শপত নোখোৱা হ'লে কেতিয়াবাই আন এজনী আনি ঘৰ পোৱালোহি হেতেন ৷ এতিয়া তাইৰ প্ৰেমলীলা ? কৰে ৷ মৰুভূমিত দুবৰি গজিলেও গজক ৷ মোৰ ক'ব লগা নাই ৷  মোক সন্তান লাগে ৷ পাৰিবি, পাৰিবি ?  নোৱাৰ… চা…ল্লা… ৷' আবোল তাবোলবোৰ বকি সি টোপনী  যায় ৷ ৰোহিণীয়ে ভাৱে-কল্পনা কৰে, দ্বিতীয় বিবাহৰ যন্ত্ৰণা…৷
আজি তাই ইন্দ্ৰ গ'ল নে নাই তাকো নেচালে ৷পৰ পুৰুষৰ আগত এইদৰে ভৎৰ্সনা কৰি আনক উচতাই দিয়াতো তাই ভাল নেপালে ৷ নিজে যে একালত শিক্ষক আছিল সেই কথা তাইৰ মনৰ পৰা কোন কাহানিবাই হেৰাই গ'ল ৷ তাই সেইবোৰ ভাবি এতিয়া নিজৰ দুখ নলগায় ৷ চাদৰখন একাষৰীয়া কৰি তাই বিচনাত উঠিল ৷ চন্দ্ৰ আজিকালি বাহিৰৰ কোঠাতে শুৱে ৷ভিতৰৰ কোঠাৰ দাং তাই নলগায় ৷ বহু নিশা তাই চন্দ্ৰৰ কাৰণে অপেক্ষা কৰিছিল; কিন্তু নাই সি কোনোদিন মদৰ নিচাতে হ'লেও তাইৰ বিচনাত নুঠিল ৷ সেইদিনা সি আহিল ৷ চিলমিল টোপনীৰ পৰা ৰোহিণীয়ে সাৰ পালে ৷
'আপুনি আহিব বুলি মই সদায় দুৱাৰখনত দাং নিদিও, আপুনি নাহে ৷ আহক শুই থাককহি ৷ ৰাতি বহু পৰ হ'ল ৷ ইন্দ্ৰ গ'ল হ'বলা ৷ সি একো মাত দিয়া নাই ৷ তাইও চকু কেইটা মুদিয়েই গাৰুটোৰ পৰা আঁতৰি কাটি হৈ শুই দিলে ৷ বিচনাখনত জোনৰ পোহৰ এচাটি পৰিছিলহি ৷ আপুনি বাৰু মন কৰিছেনে তাইৰ মুখত কোনো ৰাগী নাই ৷ ভাৱলেশহীন ৷ খঙো নাই ৷ নি:সাৰ ৷ তাই অনুভৱ কৰিলে ৷ থৰক-বৰক হাত এখনে তাইক ক্ৰমাৎ তলৰ ফালৰ পৰা সাৱটিছে ৷ তাইৰ গাটো সিৰসিৰাই গ'ল ৷ কোনোদিন নোপোৱা এক অনুভূতিয়ে তাইক উৰুঙা কৰি গ'ল ৷
 'শুই থাকক বহু পৰ হ'ল ৷ এইবাৰ হাতখন প্ৰায় কঠোৰ হ'ল ৷ এটা অচিনাকী স্পৰ্শ ৷ ক্ৰমাৎ দেহটোৰ পৰা ওলোৱা গোন্ধবোৰ তাই ওচৰৰ পৰা লক্ষ্য কৰি আতংকত শিয়ৰি উঠিল ৷ তাইক ইতিমধ্যেই সি গিলি পেলালে ৷ হাতেৰে খেপিয়াই জুইশলাটো লৈ তাই কাঠি এটা জ্বলালে ৷ বুকুখনৰ ঠিক এহাত ওপৰত আক্ৰমণ উদ্যত এহাল চকু, এখন মুখ ৷ যি তাইৰ  চিৰ পৰিচিত, কিন্তু এইদৰে… ৷ তাই অত্যন্ত অপৰাধবোধ আৰু খঙত তাই গতিয়াই দিলে ৷ তাই চিঞৰিলে ৷ নাই কাৰো সহায় তাই নাপালে ৷ এটা সময়ত তাইক বন্দী কৰি পেলোৱা হ'ল ৷ এন্ধাৰতে সি কামনাৰ অস্ত্ৰ জুৰিলে আৰু সেই অস্ত্ৰই তাইৰ গৰ্ভ ভেদ কৰি ধৰাশায়ী কৰি দিলে ৷ গ্লানি আৰু অসন্তুষ্টিৰে তাই দগ্ধ হৈ পৰিল ৷ নিজকে তাই ধিক্কাৰ দিলে ৷ তথাপি পুঞ্জীভূত ক্ষোভে তাইক সেয়া যে তাইৰ অপৰাধ তাক ভাবিবলৈ বাধা দিলে ৷ আগনিশা গিৰীয়েক চন্দ্ৰই কোৱা কথাকেইটা তাইৰ মনত চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে ৷ মনতে তাই কিছু কথা ভাবি সন্তোষো পালে ৷ এইবোৰৰ আগত এই অপৰাধবোধ যেন তেনেই নগণ্য ৷ আপুনি হয়তো ভাবিছে ইমান ডাঙৰ ঘটনা এটা আমি নাজানিলোঁ কিয়?  জানিবলৈ উপায় নাছিল ৷ জনা হ'লেই আমি তাইক হেৰুৱালোঁহেঁতেন ৷
'দেউতা, এই ইন্দ্ৰ খুড়াটোক মোৰ ভাল নালাগে ৷ বৰ কিবাকিবি কৰি থাকে ৷'
'এহ কি কৰে নো ?  খুড়াৰে তেনেকুৱাই, নিজৰ ল'ৰা-ছোৱালী কেইটা দূৰৈত থাকি পঢ়া-শুনা কৰে যে সেয়ে তোকে মৰম কৰে ৷' মল্লিকাৰ জন্মৰ পাঁচমাহৰ পিছতে ৰক্তহীনতাত ভুগী ৰোহিণী ঢুকাই থাকিল ৷ চন্দ্ৰ আৰু ইন্দ্ৰৰ হাততে মল্লিকা ডাঙৰ হ'ল ৷ মৰমীৰ মুখেৰে তাই ইন্দ্ৰৰ সম্পৰ্কত ধেৰ কথা শুনে ৷ সেইবোৰ মনতে পুতি থয় তাই ৷ তেখেতৰ অশ্লিল কাণ্ডবোৰে মল্লিকাক অতিষ্ঠ কৰি তোলে বহু সময়ত।

আগলৈ…


পৃষ্ঠাঃ ১৩
অণুগল্পঃ

প্ৰবঞ্চনা

হেমা চৌধুৰী গগৈ

সদ্যস্নাতা বৰ্ণালীৰ শৰীৰটোৰ পৰা কোঠাটোত এটা সুগন্ধি বিয়পি পৰিছে । আবেদনময়ী বৰ্ণালীয়ে লাহেকৈ গিৰিয়েকৰ কাষত দেহাটো সমৰ্পণ কৰিবলৈ চেষ্টা কৰিলে। কামৰ তাগিদাত কেবাদিনো ৰাতি দেৰীকৈ ঘৰলৈ অহা গিৰিয়েকৰ কঁপালত এটা চুমা আঁকি দিলে। হঠাৎ যেন শিৱৰ ত্ৰিনেত্ৰহে খোল খালে। তাইক ঠেলা এটা মাৰি সি বাগৰ সলালে। তাই পুনৰ মৰমেৰে মূৰত হাত বুলাই ওলাই আহিল পুৱাৰ কাম কাজলৈ। 

আকৌ নিশা নামি আহিব। তাই অপেক্ষা কৰি ৰ'ব। তাইৰ অজানিতে কামনা পূৰ কৰি দেৰীকৈ ঘৰলৈ অহা গিৰিয়েকক তাই আমনি নকৰে। তাই ভাবে তেওঁ তাইৰ বাবেই ইমান কষ্ট কৰিছে।

দৰিদ্ৰালয়

শ্যামলিমা কাকতি

         ৰুগীয়া স্বামীয়ে পৰিয়ালটোক ভালকৈ পোহপাল দিবলৈ অসমৰ্থ হোৱাত, সেই দায়িত্ব ৰেণুৱে নিজৰ হাতত ল'লে আৰু মানুহৰ ঘৰে ঘৰে ঘৰুৱা কামত সহায় কৰাৰ কাম কৰিবলৈ ধৰিলে। নতুনকৈ কাম কৰিবলৈ লোৱা ঘৰখন বৰ আঢ্যৱন্ত। ইমান জাকজমকীয়া আচবাব আগতে কেতিয়াও দেখা নাছিল তাই। পুৱাৰে পৰা দেধাৰ কাম কৰাৰ পিছত  নতুন মালিকনীয়ে ফিকা চাহ একাপ খাবলৈ দিলে। লেঠু ভগা পুৰণি কাপটো হাতত লৈ ৰেণুৱে ভাবিলে, "চেহ্ বৰ দুখীয়া ঘৰ এখনত কাম কৰিবলৈ হাতত ললোঁ, মানুহঘৰ মানসিকভাৱে একেবাৰে দুখীয়া"।

অদৃশ্য শক্তি
জেপোলিন ৰাজকুমাৰী

       দাদা, আপোনাৰ Wallet টো পৰি গৈছে ৷ বাইকখন Start কৰি ঘৰলৈ আহিবলৈ বুলি লওঁতে মিষ্টাৰ ঋষিকেশ হাজৰিকাই পিছফালে ঘুৰি চালে দুজন ল'ৰাই একেলগে চিঞৰা চিঞৰত ৷ পৰি যোৱা পাৰ্চটো উঠাই ল'ৰাদুজনক ধন্যবাদ জনাই ঋষিকেশ ঘৰমুৱা হ'ল ৷
      ঘৰত পত্নীক কথাষাৰ জনাওঁতে অতৰ্কিতে নিজৰ কথাও ওলাই আহিল ৷ আজি জানা, Two incidents had happen with me just after each other within half an hour পৰিবাৰে কি কথা বুলি সুধিলত ঋষিকেশে ক'লে এজন লোকৰ পাৰ্চটো পৰি যোৱা দেখি মই জনাইছিলো আধাঘন্টাৰ আগত ৷ ঠিক আধাঘন্টাৰ পাছত মোৰো পাৰ্চটো পৰি যোৱাত দুজন ল'ৰাই একেলগে চিঞৰি জনালে ৷ সঁচাই , কি মিল অদৃশ্য শক্তিৰ !


পৃষ্ঠাঃ ১৪

এক মিনিটৰ গল্পঃ

অভ্যাস
 
 জুনমনি গগৈ

     আজি দেওবাৰ । 
     সদায়  দেওবাৰে মাছে মাংসই তৃপ্তিয়ে এসাজ খোৱাটো মিনতিহতঁৰ  অভ্যাস ।  এইখন ঘৰলৈ বিয়া হৈ অহা আজি কুৰি বছৰে হ'ল, তথাপিও এই দেওবৰীয়া মাছ মাংস খোৱা  অভ্যাসটো সলনি নহ'ল । লকডাউনৰ পিছত আজি ডাঙৰ মোনাখন লৈ মানুহজন বজাৰলৈ বুলি ওলাই যোৱাত মিনতিৰ মনটো আনন্দৰে ভৰি পৰিল । তাই আলু কেইটামানৰ বাকলি গুচাই মাংসৰ লগত ৰান্ধিবলৈ ডাঙৰকৈ কাটিলে।
    বহুত দেৰি মূৰত   মানুহ জনে ভাগৰুৱা দেহাৰে বজাৰ কৰি অনা মোনাটো খুলি মিনতিৰ  মূখখন জঁই পৰি গ'ল । 
    " মাছ মাংস একো নানিলে যে?
    "নোৱাৰিলোঁ অ'। বজাৰত জুঁই চাই দাম। দৰ দাম কৰিবই নোৱাৰি ।" মিনতিয়ে বিষণ্ণ মনেৰে কাটি থোৱা আলুবোৰ  পুনৰ সৰুকৈ কাটিবলৈ ধৰিলে। মনতে ভাবিলে অভ্যাস বোৰ সলনি কৰিব লাগিব। নহ'লে জীয়াই থকাই টান হ'ব ।


পৃষ্ঠাঃ ১৫

এক মিনিটৰ গল্পঃ
         
আৰ্তনাদ
অঞ্জুমণি বড়া
শিৱসাগৰ
        
'' দেউতা , তোমাৰ শোৱাৰ সময় হ'লনে ? "
'' তোমালোক শোৱাচোন |  মোৰ ফাইলৰ কাম শেষ হ'বলৈ বহুত সময় লাগিব | " মাজনীক কথাখিনি কৈয়ে জয়ন্ত চলিহাই পুনৰ অফিচৰ ফাইলৰ কামত ব্যস্ত হ'ল | বহুদিন ধৰি অফিচ বন্ধ হোৱাৰ বাবে কামবোৰ পৰি থাকিল | সেয়ে চলিহাই ফাইলৰ কাম কিছুমান ঘৰতে কৰিছে | 
     চলিহাই অফিচৰ কাম কৰি থাকোঁতে  নিশা প্ৰায় এক বাজিবৰ হ'ল | ফাইলসমূহ সামৰি এপাক বাহিৰৰ চোতাল পালেগৈ | বাহিৰত শৰত কালৰ স্নিগ্ধ জোনাক |  মুকলি আকাশৰ তলত ৰৈ তেওঁৰ মনটো বৰ ফৰকাল লাগিল | ক'ৰবাৰ পৰা শেৱালি ফুলৰ সুৱাস আহি নাকত সোমালহি | এবাৰ  আকাশ খনলৈ মন কৰিলে -'' একেবাৰে নিৰ্মল আকাশ , আকাশত এচপৰাও শুকুলা মেঘ নাই | জোনটোৱে হাঁহি - হাঁহি যেন তৰাবোৰৰ লগত  কথা পাতিহে  আছে | "  
    চলিহাৰ টোপনি অহা যেন লাগিল | ভিতৰলৈ সোমাই আহিব খোজোতেই ৰিণি - ৰিণি ভাহি অহা ভোকাতুৰ শিশুৰ আৰ্তনাদ শুনিবলৈ পালে | ইফালে সিফালে চাই তেওঁ কাকো নেদেখি তেওঁ বিছনাত বাগৰ দিলেহি।
     কিন্তু বিছনাত পৰিও চলিহাৰ টোপনি নাহিল | তেওঁৰ কাণত বাৰে বাৰে বাজি থাকিল সেই আৰ্তনাদ - ''  মা , মোৰ ভোক লাগিছে  ভাত দিয়া ? "


পৃষ্ঠাঃ ১৬

অনুবাদ কবিতাঃ

অনুবাদ:
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলিপাৰা, গুৱাহাটী
ম'বাইল নং +৯১ ৭০০২৪০৯৬৫৫


শিলৰ ওপৰৰ ছাঁ
(মূল: থমাছ হাৰ্দি, ১৮৪০-১৯২৮)

বাগিছাখনত নিসংগ হৈ কিবা ভাবি থকা
দেওলগা শিলটোৰ কাষেদি মই পাৰ হৈছিলোঁ
আৰু মই ৰৈ,তাত লৰি চৰি থকা
ছাঁবোৰলৈ চালোঁ,যিবোৰ সেই মূহুৰ্ত্তত কাষৰ
হালি জালি থকা গছবোৰৰ পৰা পৰিছিল,
আৰু মোৰ কল্পনাই গঢ় দিছিল এটি ছাঁৰ
যিটো মোৰ অতি চিনাকী মূৰ আৰু স্কন্ধ-যুগলৰ পৰা
তাত পৰিছিল যেতিয়া তেওঁ ফুলনি পৰিচৰ্যা কৰিছিল ৷

মোৰ পিচফালে তেওঁক মই অনুভৱ কৰিছিলোঁ
হয়,তেওঁ নোহোৱাটো মই মানি ল'বলৈ শিকিছিলোঁ,
আৰু ক'লোঁ,'মই জানো,তুমি মোৰ পিচতে থিয় দি আছাঁ,
কেনেকৈ যে তুমি এই পুৰণি বাটেদি আহাঁ?'
এটা গছ পাত সৰাৰ বাদে তাত কোনো শব্দ নহ'ল-
এটি বিষাদ ভৰা সঁহাৰি; আৰু দুখ ঢাকিবৰ বাবে
মই মূৰ ঘূৰাই পিচলৈ চাই নিশ্চিত হ'ব নুখুজিলোঁ
যে মই বিশ্বাস কৰাৰ দৰে তাত একো নাছিল ৷

তথাপি মই ঘূৰি চাই খাটাং হ'ব খুজিছিলোঁ
যে মোৰ পিচত কোনো থিয় হৈ থকা নাছিল;
কিন্তু মই আকৌ ভাবিলোঁ: 'নাই মই অদৃশেয নকৰোঁ
এটি আকাৰ,যিটো নে কি,তাত কেনেবাকৈ থাকিব পাৰে'
সেয়ে, মই সেই হাবিতলীয়া ঠাইৰ পৰা নিশব্দে আঁতৰি আহিলোঁ,
আৰু মোৰ পিচফালে ছাঁ পেলাই থাকিবলৈ তেওঁক এৰি আহিলোঁ,
যিহেতু তেওঁ আচলতে এটি অনুভৱহে আছিল-
মই মূৰ নুঘুৰালোঁ,নহ'লে যে মোৰ সপোন হ'ব নিৰাকাৰ ৷

(বিখ্যাত ইংৰাজ কবি-সাহিত্যিক থমাচ হাৰ্দিৰ জন্ম হৈছিল ১৮৪০ চনত ৷ সৰু কালৰে পৰাই তেওঁ কবিতা লিখিছিল ৷ যদিও তেওঁৰ প্ৰথম কাব্য সংকলন ১৮৮৯ চনতহে প্ৰকাশ হৈছিল ৷তাৰ আগতেই তেওঁৰ  লেকেইখন উপন্যাস প্ৰকাশ পাইছিল ৷ তেওঁৰ ৰমন্যাসিক ভাৱধাৰাৰ ৰচনাৱসী সেই সময়ৰ ভিক্টৰিয়ান সমাজ ব্যৱস্থাৰ বিপৰীতধৰ্মী লিখনীৰে পৰিপুষ্ট হোৱাৰ বাবে তেওঁ অনেক সমালোচনাৰ সমুখীন হৈছিল ৷তথাপি তেওঁ দুবাৰকৈ নোবেল পুৰস্কাৰৰ বাবে মনোনয়ন পাইছিল ৷ ১৯২৮ চনত তেওঁ ইহলীলা সম্বৰণ কৰে ৷

THE SHADOW ON THE STONE
(By Thomas Hardy,1840-1928)

I went by the Druid stone
That broods in the garden white and lone,
And I stopped and looked at the shifting shadows
That at some moments fall there om
From the trees hard by with a rhythmic swing,
And they shaped in my imaging
To the shade that a well known head and shoulders
Threw there when she was gardening.

I thought her behind my back,
Yea,her  I long had learned to lack,
And I said: 'I am sure you are standing behind me,
Though how do you get into this old track? '
And there was no sound but the fall of a leaf
As a sad response; and to keep down grief
I would not turn my head to discover
That there was nothing in my belief.

Yet I wanted to look and see
That no body stood at the back of me,
But I thought once more:'Nay,I will not Unvision
A shape which,somehow, there may be.'
So I went on softly from the glade,
And left her behind me throwing her shade,
As she were indeed an apparition-
My head unturned lest my dream should fade.

-----------------------------------------------------------------------------------------------------------------------------
পৃষ্ঠা:১৭
অনুবাদ কবিতাঃ

মৃত্যুৰে শীতলতা 

মূল (হিন্দী)- অটল বিহাৰী বাজপে‍য়ী
অসমীয়া অনুবাদ –প্ৰাঞ্জল কুমাৰ লাহন 

শীতলতা ! 
মৃত্যুৰে শীতলতা ! 

যুঁজি‍বলৈ‍ মোৰ কোনো অভিলাষ নাছিল
কেঁকুৰি‍ত লগ পাম তেনে কোনো প্ৰতিশ্ৰুতি নাছিল,

বাট আগুচি ধৰি তেওঁ থিয় হৈ‍ গ’ল
এনে লাগিল জীৱনতকৈও ডাঙৰ হৈ গ’ল ৷

মৃত্যুৰ আয়ুস কিমান? দুটা পলও নহয়, 
জীৱন অবিৰত, আজি‍-কালিৰ নহয় ৷ 

মই হেঁপাহ পলুৱাই জীলোঁ, মই মনেৰে মৰোঁ,
উভটি আহিম, ভ্ৰমণলৈ কিয় ভয় কৰোঁ ? 

তুমি চুচুক্-চামাক্‌ কৈ লুকাই চুৰকৈ নাহিবা
সন্মুখৰ পৰা আক্ৰমণ কৰা তাৰ পাছত মোক চোৱা ৷

মৃত্যুতকৈ উদাসীন, জীৱনৰ যাত্ৰা, 
সন্ধিয়া প্ৰতিটো সুৰীয়া, ৰাতি বাঁহীৰ স্বৰ ৷ 

কথা এনেকুৱা নহয় যে, মোৰ কোনো দুখ নাই 
দুখ আপোন-পৰৰ সেয়াও কোনো কম নহয় ৷

প্ৰেম ইমানেই পৰৰ পৰাই মই পালোঁ
আপোনৰ পৰা বাকী নাথাকিল বিৰহ কিবা ৷ 

প্ৰতিটো প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিলোঁ
ধুমুহাতো জ্বলাইছোঁ নুমাব খোজা চাকি ৷

আজি জোকাৰি‍ পেলোৱা প্ৰৱল ধুমুহাত 
নৌকা চাকনৈয়াৰ আলহী হৈ‍ছে ৷

পাৰ পাবলৈ কাম্য কিন্তু সাহস ! 
চোৱা ভ্ৰুকুটি‍ ধুমুহাৰ, ভ্ৰুকুটিৰে টানি গ’ল

মৃত্যুৰে শীতলতা !

-----------------------------------------------------------------------------------------------------------------------------
পৃষ্ঠাঃ ১৮

অনুবাদ কবিতাঃ

এদিন এইবোৰ হ'ব, সেইবাবে

মূল বাংলা:- নীৰেন্দ্রনাথ চক্রবর্তী  
অনুবাদ:-বাসুদেব দাস

এদিন সকলো যোদ্ধা বিষণ্ণ হোৱাৰ মন্ত্র শিখি যাব।
এদিন সকলো বৃদ্ধ দুঃখহীন কব পাৰিব, যাওঁ।
এদিন সকলো ধর্ম অর্থ পাব ভিন্ন ধৰণৰ।
এদিন সকলো শিল্পী কল্পনাৰ প্রতিমা বনাব।
এদিন সকলো নাৰী চকুৰ ইঙ্গিতত ক'ব,আহাঁ।
এদিন সকলো ধর্মযাজকৰ উর্দি কাঢ়ি লৈ
নিষ্পাপ বালকে ক'ব, হা হা।
এদিন এইবোৰ হ'ব বাবেই এতিয়াও
বেলি উঠে, বৰষুণ হয়, আৰু কবিতা লেখা হয়


পৃষ্ঠাঃ ১৯

কবিতাঃ

মানুহ

পানী ৰঙৰ মোনাটোত
ওলোমাই ৰাখো
স্মৃতিৰ কাঁজলিভৰা জোনাক
চ'ৰাঘৰত সজাই
বাৰে বাৰে ফঁহিয়াই চাওঁ!
শেতেলিত শুই থকা সুৱাগী সময়
.জিলমিল জোনাকী পঁজা
মানুহৰ হৃদয়,
সাৰ পালেই সোঁৱৰাই মোক।
মানুহ যে মোৰ প্ৰিয় বিষয়!
নিৰূপম  জীৱন মোৰ
এৰি দিও প্ৰাণৰ  পানছৈ
নিতে নতুন মানুহ
নৱ উল্লাস
বুটলো কস্তুৰী হিয়াৰ
বিপুল সম্ভাৰ
কাকনো পাহৰিম কাকেইবা সোঁৱৰিম
পাটৰ দীঘ কপাহী বাণী
মানুহ মোৰ জীয়া সূতলাহি
বাট চাওঁ সদায় মানুহলে'
আন্তৰিকতাত বুটা বাছোঁ
আবেগেৰে  !!
মানুহৰ হৈ জীয়াই থকাৰ হেঁপাহ
মানুহৰ বাবেই কঢ়িয়াই ফুৰিছো
হৃদয়ত  সুগন্ধি  সুবাস!
অনুপম জীৱন মোৰ
মানুহৰ সংগ চিৰন্তন...

ৰেখা বৰকটকী


পৃষ্ঠাঃ ২০

দেউতা

সাহসৰ এটা আঙুলি
মোৰ হাতৰ মুঠিত
থুপুক-থাপাক দুভৰিৰ খোজ

এখন বহল বুকু
যি সাগৰৰ দৰে আকোঁৱালি লয় মোৰ আবদাৰ
ত্যাগৰ সৰোবৰ সাঁতুৰি চিঙি আনে কমল পুষ্প
মোৰ ওঁঠৰ হাঁহি

ত্যাগৰ এনে কি সংজ্ঞাৰ সৃষ্টিৰে
 তুমি সোণৰ দৰে জিলিকি থাকা
দহনতো পিন্ধি লৈ সূৰুযমুখী হাঁহি

তুমি কল্পতৰু
অনায়াসে পূৰণ কৰা মোৰ 
আশা-প্ৰত্যাশা
মোৰ দাবী
তোমাৰ ছত্ৰছাঁয়াত মই অজমুৰ্খ
নেদেখোঁ তোমাৰ হাঁহিৰ আঁৰৰ ক্লান্তি

তোমাৰ ৰ'দে পোৰা পিঠিৰ বুৰঞ্জী
তোমাৰ ভৰত বেঁকা হোৱা কামিহাড়ৰ কাহিনী
তোমাৰ গহ্বৰ যেন দুচকুৰ গাথা
হাঁহিৰে ঢাকি ৰাখি 
প্ৰদান কৰা মোক অভয় বাণী

দেউতা
ত্যাগৰ এজোপা কল্পদ্ৰুম
মৰ্ত্যৰ ঈশ্বৰ।

মঞ্জিত হাজৰিকা
নকছাৰি
যোৰহাট


পৃষ্ঠাঃ ২১

চেতনাত তোমাৰ বাঁহীৰ সুৰ

ক'ত সেই আমাৰ বাঁহী বজোৱা কানাই
বৃন্দাবনৰ ঘাঁহনিত নে যমুনাৰ বালিত
লুইতৰ সোঁতত নে পাগলাদিয়াৰ ঘাটত
ক'ত আছে বুকুত কঁপনি তোলা সেই সোণৰ সুৰ

ৰাধাই জানেনে ৰুক্মিণীয়ে জানে নে ষোল্ল হাজাৰ গোপিনীয়ে 

মুৰলীধৰৰ মন জোনাকী মন
পাঞ্চজন্যৰ নিনাদত টোপনি ভাঙে সূৰ্য্যৰ
কাৰ শৰীৰত চিটিকি পৰে কোমল ৰ'দৰ আভা

চৰাইৰ ঠোঁটত তেজৰে কমলাপতি
গছে পাতে গুণ গুণ বতাহৰ গান
গান প্ৰাণৰ গান

প্ৰাণৰ কৃষ্ণ প্ৰাণ কৃষ্ণ
তুমি সাৰে আছা নিশাৰ নীৰৱতাত নিজৰ স'তে কথা পাতি
জীৱনৰ কথা, জীৱন উদযাপনৰ কথা
এটা জীৱনৰ পৰা আন এটা জীৱনলৈ বগোৱাৰ কথা

ঠিক যেন নদীৰ ঢৌবোৰে দুয়োপাৰৰ মাটিৰ স'তে খেলাৰ দৰে
এবাৰ গুচি যোৱা পানীখিনিক একেটা ঘাটে দুবাৰ নাপায়
ঠিক যেন ডালৰ পৰা সৰি যোৱা শেৱালিৰ দৰে
ক্ৰমশঃ সুগন্ধিহাৰা হোৱাৰ যাতনা
তথাপি ফুল কি নুফুলাকৈ থাকে
তথাপি নদী কি বৈ নোযোৱাকৈ থাকে! 

প্ৰাণৰ কৃষ্ণ তোমাক সুধিছো
তোমাক
শুই থকা পৃথিৱীক জগাই তুলিবলৈ ক'ত লুকুৱাই ৰাখিছা
সোণৰ বাঁহীত বজোৱা আমাৰ চেতনাৰ সুৰ

ৰাধাই জানেনে ৰুক্মিণীয়ে জানে
নে ষোল্ল হাজাৰ গোপিনীয়ে জানে
বৃন্দাবনৰ ঘাঁহনিত নে যমুনাৰ বালিত
লুইতৰ  সোঁতত নে পাগলাদিয়াৰ ঘাটত
ক'ত আছে বুকুত
 কঁপনি তোলা সেই 
প্ৰাণময় সুৰ...

মামণি ডেকা


পৃষ্ঠাঃ ২২

শিয়াল

সিংহৰ দৰে হ'ব নোৱাৰা
দুখ এটাই
শিয়ালৰ বুকুত খুন্দা মাৰে
আকাশলৈ মুখ কৰি প্ৰাৰ্থনা কৰে
সেই প্ৰাৰ্থনা আমি শুনো নিদ্ৰামগ্ন ৰাতিটোৱে শুনে

চৰাইৰ ভিতৰত কাউৰী টেঙৰ
জন্তুৰ ভিতৰত শিয়াল
আমাক আকৌ শিয়াল টেঙৰ বুলি ক'লে
আঠ জাপ মাৰো

শিয়ালে সদায় ভাবে
আজিৰ নিশাটো আমাৰ হওক
আৰু দুই এদিন জোনবাই কেনিবা যাওক

পেটত ভোক থাকিলেও
শিয়ালে বোপা ককাৰ সহজটো নেৰে
সেয়ে শিয়াল ওঁঠ চেলেকি মৰে
গৃহস্থৰ পাল্লাত পৰে

লক্ষী প্ৰসাদ ৰেগন

-----------------------------------------------------------------------------------------------------------------------------
পৃষ্ঠাঃ২৩

প্ৰিয়তমা হ'বানে বাৰু মোৰ ?

মই কিন্তু নহ‌ওঁ কোনো,
ডক্টৰ, ইঞ্জিনীয়াৰ, কিম্বা উকীল,
অথবা বিশাল মূলধন প্ৰাপ্ত,
চহকী বণিকৰ পুত্ৰ।

আয়ে সৰুতে শিকাইছিল-
"বেয়া বস্তু নাখাবা,
বেয়া কথা নক'বা,
গুণীজনৰ পৰা শিকিবা,
জ্ঞানী জনক অনুসৰণ কৰিবা।
কাগজৰ চাৰ্টিফিকেটৰ আগতে, নিজৰ চৰিত্ৰ আৰ্জিবা।
দুষ্টৰ সঙ্গ নল'বা সোণ"--এয়াই মোৰ শিক্ষাগত অৰ্হতা।

পিতায়ে লগতে লৈ ফুৰি আৰ্হিৰে সৈতে শিকাইছিল-
মাটি এনেকৈ চহাবি, 
কঠীয়া এনেকৈ পাৰিবি,
এনেকৈ তুলিবি এনেকৈ ৰুবি।
শাক এনেকৈ সিচিবি, গছৰ পুলি এনেকৈ ৰুবি।

দুখ কৰিলেহে মুখ ভৰে।
ৰাতি বাটকুৰি বাই, দূৰণিৰ গাঁৱত ৰাস, ভাওনা, থিয়েটাৰ চাবলৈ নেযাবি বোপাই"--
এয়াই মোৰ দীক্ষা।

তথাপি ক‌ওঁ, তোমাক দামী মোবাইল এটা কিনি দিব নোৱাৰিব পাৰো,
তোমাক নিজৰ গাড়ীত উঠাই মাৰাৰ অথবা  
বান্ধৱীৰ ঘৰলৈ ফুৰাবলৈ নিব নোৱাৰিব পাৰো।
কিন্তু! বুকুত হাত থৈ কৈছো,
বাৰীৰ তামোল-পাণ,
পথাৰৰ বাৰে কিচিম ধান,
পুখুৰীৰ জীয়া মাছেৰে, দুবেলা দুমুঠি জুতিৰে খুৱাম।

পাক্কা ইঞ্জিনীয়াৰৰ দৰে গঢ়িম ঘৰ।
ডক্টৰৰ দৰে তোমাৰ পৰিচৰ্যা কৰিম। 
উকীলৰ দৰে তোমাৰ হৈ উকালতি কৰিম।

প্ৰিয়তমা হ'বানে বাৰু মোৰ ?

দীপক মহন্ত
তিতাবৰ, যোৰহাট
ফোনঃ 9365154778


পৃষ্ঠাঃ ২৪

যন্ত্ৰণা 

অবিসহ যন্ত্ৰণাই দহিছে আজি 
চিন্তাত জৰ্জৰিত হওঁ দিন-ৰাতি
অদূৰত দেখিছো অন্ধকাৰ 
জীৱনৰ বাটত নাচোন ধুমুহাৰ 
পৰিত্ৰাণ বিচাৰি হাহাকাৰ কৰে মনে
পলে পলে গধুৰ হয় প্ৰতিটো ক্ষণ
কোন দিশে গতি তাকো উৱাদিহ নেঁপাও
বাৰে বাৰে মাজবাটত বাট হেৰুৱাওঁ
সকলো খেলিমেলি
 মলিয়ন দাপোন
অন্ধকাৰৰ গৰাহত ধূসৰিত সপোন 

ৰঞ্জনা পাঠক 
গুৱাহাটী


পৃষ্ঠাঃ ২৫

নগ্নতা


বুজিলো চকুচাত্ মৰা
ৰৌদ্ৰোজ্জ্বল আকাশ চাব নোৱাৰি
পৃথিৱীৰ বুকু ভেদে
পোহৰে সেউজীয়াক গাভিণী কৰে
নগ্ন পোহৰে গোপন ব্যাধি ৰোধি 
সৃষ্টিক পোহৰাই তোলে

নাঙঠ এন্ধাৰ
নাঙঠ জোনাক
নাঙঠ ঈশ্বৰৰ সৃষ্টি 
নাঙঠ যদিও সকলো
কৰ্মই ঢাকি দিয়ে 
আঁৰকাপোৰ তৰি

মানুহ নগ্ন 
আইৰ গৰ্ভত
মৃত্যুৰ চিতাত 
এয়া জীৱন চকৰী
হ'লেও 
মানুহবোৰ হেনো নাঙঠ নহয় !
পিন্ধি থাকে মুখা এখনি
মানুহ নাঙঠ কেৱল আত্মভিলাসত
তাকে ঢাকিবলৈ আজুৰি আজুৰি 
পিন্ধি লয় গড়ৰ চাল এখনি।

নগ্ন নদীৰ স্বচ্ছ ধাৰাত 
গা তিওৱা শালিকাই 
ৰ'দত পাখি মেলি বহে
কাৰ গৰজত মেকুৰীয়ে 
তাইক খেদি লৈ ফুৰে
সম্ভৱতঃ
নগ্নতাই চুকে কোণে বিৰাজ কৰে!!!

সপোন নাঙঠ 
অংহকাৰ নাঙঠ 
নাঙঠ সমাজৰ নিয়ম
কৰ্মবোৰো নাঙঠ হ'ব ধৰিছে
উচ্চাভিলাসৰ ক্ষমতাধাৰীৰ হাতত

তেনেহ'লে 
ক্ষমতা প্ৰকোপত নাঙঠ আমি সকলোৱে
নগ্নতাক ঘৃণা কৰো কিয় ?

নিহাল গগৈ
শিৱসাগৰ

-----------------------------------------------------------------------------------------------------------------------------
পৃষ্ঠাঃ২৬

অস্তমিত সূৰুজ

আজি আমি কোনফালে ধাৱমান ?
যোৱা ৮-৯ মাহে ঘৰতে বন্দী আমাৰ জীৱন..
নাই ক'তো আশাৰ ৰেঙণি..দুবেলা দুমুঠি ভাত
অথবা এক নিশ্চয়তা!

কৰ'ণাই কোঙা কৰা বহু দিন হ'ল
ৰাজনৈতিক নেতাবোৰেও সীমা চেৰাই গ'ল!
নিৰ্বাচনীসভাবোৰ ঠিকেই পাতিব পাৰিলে
আমাৰ স্কুল-বিশ্ববিদ্যালয় খোলাৰহে কোনো দিহা নহ'ল।

দৰিদ্ৰতাই নিঃশেষ কৰা পৰিয়ালটোক
কৰ'ণাই চেপিলে
লঘোণ দিওঁতে দিওঁতে মাৰ চকু গাতত সোমাল
দেউতা ঢুকাল..

আমাৰ অনলাইন শিক্ষাও অথলে গ'ল 
উপাৰ্জনৰ শেষ পথটিও মাৰ গ'ল!
এনেদৰেই এদিন শেষ হৈ যাম
 আমি,আপুনি আৰু বহু নিঃকিন।

শান্তনু ৰাজোৱাৰ


পৃষ্ঠাঃ ২৭

ৰত্নাকৰৰ পৰা বাল্মিকী লৈ 

ইমান‌ সহজ আছিলনে বাৰু ?
বাল্মিকী হোৱাটো .... 
দানৱৰ পৰা মানৱলৈ
দস্যুৰ পৰা আদিকবিলৈ .... ,
পাষান হৃদয় কেনেকৈ হ'ল বিগলিত
চোকা অস্ত্ৰপাত কেনেকৈ হ'ল পাখি কলমৰ আগ ,
আমটোকে ৰামটো
চাকৈ চকোৱা হালিতে মহাকাব্যখন ,
ইমান সহজ আছিলনে বাৰু !

লোকৰ বস্তু কাঢ়ি খোৱা মানুহটোৱে
আনকহে দিব পৰা হ'ল এখনি বস্ত্ৰ , অন্ন , বাসস্থান ।
আনৰ পৰা শাও পোৱা মানুহজনে
আনকহে দিব পৰা হ'ল শাপ 
অত্যাচাৰৰ পৰা শান্তি
কুকৰ্মৰ পৰা ধেমালি
ইমান সহজ আছিলনে বাৰু ?

ধূলিৰ লেতি লোৱা দস্যুজনে
গঙ্গা জলেৰে স্নান কৰিলে ,
তেজ পিয়া জনে , গাখীৰ পিলে
কাপোৰ নিপিন্ধা জনে কাপোৰ পিন্ধিলে 
অপৱিত্ৰ দেহটোও পৱিত্ৰ হ'ল।
কেনেকৈ হ'ল ইমান প্ৰেমময়
কেনেকৈ হ'ল ইমান কবিত্বময় ,
ইমান সহজ আছিলনে বাৰু
ৰত্নাকৰৰ পৰা বাল্মিকী হোৱাটো ?

স্বপ্নম জ্যোতি কলিতা
গোলাঘাট 


পৃষ্ঠাঃ ২৮
আঘোণ 

সেমেকা শীতৰ বোকোচাত উঠি 
আহিলে আঘোণ সোণোৱালী সাজত
নিমাতী নিয়ৰৰ মায়াবী পৰশত
ৰঙীয়াল ৰ'দালিৰ নাচোন মনোৰমা পথাৰত
সোণগুটিৰ ভৰত চৌপাশে বিনন্দীয়া সাজোন-কাচোন
প্ৰতিফলিত হৈছেহি চহা জীৱনৰ সেউজী সপোন ।

জাক জাক দাৱনীবোৰে হাতত কাঁচি লৈ
পথাৰমুৱা যাত্ৰা কৰে এখোজ দুখোজকৈ
লিহিৰি দুহাতেৰে মুঠি মুঠি কৰি 
এডৰা দুডৰাকৈ চপাই সোণগুটি 
আবেলি পৰত বিৰিয়াৰ ভৰত 
হালি-জালি সোণগুটি ঘৰমুৱা হয়
ৰিণিকি ৰিণিকি অহা সুহুৰিৰ মাতত
পদূলিমুখত গৃহস্থই বাট চাই ।

বতাহত বিয়পে উলাহৰ ঢল
চোতালত ভৰি পৰে শাওনৰ কষ্টৰ ফচল
মেজি দিয়া মৰণা দিয়া আৰু বাও দিয়া
আঘোণৰ খদমদম বৰ মোহনীয়া
সুখৰ এবুকু জোনাকত আত্মহাৰা হৈ 
মাহেকৰ শেষত লখীমিক ভঁৰালত আদৰি লৈ
প্ৰতিজন কৃষকেই উলাহেৰে ন খোৱা পাতে
আৰু প্ৰাপ্তিৰ আনন্দত ধৰাখনি ৰজনজনাই সৰ্বত্ৰে।

টোলন তছা
চিকনি বৰহোলা,
জখলাবন্ধা, নগাঁও (অসম)
পিন-782136
মো-8638363504


পৃষ্ঠাঃ ২৯

মহাৰথী

কুমাৰী যৌৱনত মাতৃ কুন্তীয়ে জন্ম দিলে
নাম মোৰ… কৰ্ণ ৷
সূৰ্য্য আৰু কুন্তীৰে পুত্ৰ
নাই মোৰ ৰাজকীয় কিম্বা দেৱতাৰ  মান ৷
কাৰণ, মই অবৈধ সন্তান ৷

চেতনা আহিল মাতৃৰ গাত,
লোকনিন্দাৰ ভয়ত নিজ পুত্ৰকো বিসৰ্জিলে গংগাত ৷
আৰু মই হ'লো-শূত পুত্ৰ, শূদ্ৰ বৰ্ণ ৷

নিয়তিৰে পৰিণাম…অধিৰথ ৰাধিকাৰ চৰণতলে
পালো মই পিতা-মাতাৰ স্বৰ্গ স্থান ৷
কুলৰ গোড়ামীতে  হ'লো মই অধৰ্ম,
ধনুধৰ হৈয়ো মোক নিদিয়ে যথা অৰ্থ ৷

ময়েই দানবীৰ, ময়েই কৰ্ণ,
দানৰ বাবেই মোৰ জীৱন ৷
চলনাৰে সৰিছিল ইন্দ্ৰই কৱচ,
মাতৃৰ বচনত সুৰক্ষিত পঞ্চপাণ্ডৱ ৷
আৰু মই…৷ 

ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় ৷
সকলো আছিল কৌৰৱৰ… ৰথী-মহাৰথী, সৈন্য,
অস্ত্ৰ-শস্ত্ৰ ৷
মাথোঁ নাছিল ধৰ্ম,
ধৰ্ম আছিল পাণ্ডৱৰ  ৷

কুৰুক্ষেত্ৰ মহাৰণ…
পৰশুৰামৰ অভিশাপে কাঢ়ি নিলে মোৰ জীৱন ৷
ময়েই কৰ্ণ …
সকলো থাকিও নথকাৰ
অন্য এক নাম…কৰ্ণ ৷৷

স্নিগ্ধা বৰুৱা বড়া ৷

-----------------------------------------------------------------------------------------------------------------------------
পৃষ্ঠাঃ৩০

হেঁপাহৰ আঘোন

আঘোনৰ পথাৰত এতিয়া ৰৱাব টেঙাৰ জুতি,
ঘৰ পথাৰ সকলোতে কাম, কাম আৰু কাম
অন্তহীন ব্যস্ততাৰ ভৰপক
আঘোনৰ গধূলী-পুৱা
বুকুত হাত থৈ গৌৰৱ কৰিব পৰাকৈ
গাৱঁলীয়া মানুহ আমি॥
কিছুমান সৰু সৰু সপোন,
সৰু সৰু আশা বুকুত বান্ধিলৈ
ওৰেটো জীৱন সেই সপোনবোৰৰ পিছে পিছে
খেদি ফুৰিও সুখী হৈ থাকিব পৰাকৈ সাহসী আমি
সাগৰ সাঁতুৰি মাণিক বিচৰাৰ সপোন নেদেখো আমি
নাইবা,, সুখৰ মৰীচিকাৰ পাছত হাবাথুৰি খাব নাজানো আমি, কিন্তু
আত্মবিশ্বাস আৰু সততাৰে জীৱনযাপন কৰি,
সুখী অনুভৱ কৰিব পৰাকৈ,,, অসমীয়া আমি।।।

শ্ৰী পূৰ্ণিমা বৰুৱা
জাঁজী, জামুগুৰি।


পৃষ্ঠাঃ ৩১

অনুভৱঃ

স্বাগতম নৱবৰ্ষ

চকুৰ পচাৰতে পল -অনুপলকৈ দিন ,সপ্তাহ  ,মাহবোৰ বাগৰি সময়ৰ বালিত বিলীন হৈ পৰিল সম্পূৰ্ণ এটা বছৰ আৰু আন এটা নতুন বছৰে ভুমুকি মাৰিছেহি । আৰম্ভ হ'ব এখন নতুন কেলেণ্ডাৰত আমাৰ  দিনলিপি । এমোকোৰা মিঠা হাঁহি ৰে, নতুন সপোন নতুন আশা নতুন প্ৰতিশ্ৰুতিৰে স্বাগতম জনাইছো নৱবৰ্ষক । সময়ৰ চিৰন্তন নিয়ম মানি গতিশীল সময়ে বিগত বৰ্ষত দি গ'ল বহুতো নজহা নপমা অভিজ্ঞতা । 2020 চনৰ মাৰ্চ মাহৰ তৃতীয় সপ্তাহৰ পৰা সমগ্ৰ দেশতে বিৰাজ কৰা আতংকময় পৰিৱেশে মন ভাৰাক্ৰান্ত কৰি তুলিছিল । বিশ্ববাসী এক নতুন সংকট আৰু অনিশ্চয়তাৰ সন্মুখীন হ'ব লগা হৈছিল এটি ক্ষুদ্ৰাতিক্ষুদ্ৰ মাৰাত্মক বীজাণুৰ সংক্ৰমণত । ধনী- দুখীয়া, উন্নত -অনুন্নত, উন্নয়নশীল আদি সকলো অভিধা মষিমূৰ কৰি  ই  মানৱ জাতিৰ জীৱনশৈলীৰ আমোল পৰিৱৰ্তনৰ লগতে অস্তিত্বৰ সংকটত পেলাইছে  । অত্যাধুনিকতাৰ কবলত পৰা অতিব্যস্ত মানৱজাতিক জিৰণি ল'বলৈ সকীয়নি দিলে এই ভাইৰাছ বিধে । দৰিদ্ৰ, নিম্ন মধ্যবিত্ত, মধ্যবিত্ত শ্ৰেণীক আৰ্থিকভাৱে জুৰুলা কৰাৰ লগতে কভিড -19 ত আক্ৰান্ত লোকৰ অভাৱনীয় যন্ত্ৰণা আৰু মৃত্যুৰ কড়ালগ্ৰাসত পৰা পৰিয়ালবোৰৰ মৰ্মবেদনাই বিশ্ববাসীৰ মাজত সহমৰ্মিতা ভাব জাগ্ৰত কৰি তুলিলে । আপোন-পৰ নিৰ্বিবাদে সহায়ৰ হাত আগবঢ়াই পৰম তৃপ্তি লাভ কৰিছে । মানৱ জাতিৰ স্তব্ধ জীৱন যাপনে প্ৰকৃতিক সুস্বাস্থ্য প্ৰদান কৰিলে ।
         বিগত বছৰৰ ধূসৰ স্মৃতি পাহৰি সকলোৱে মনৰ ফুলনিত ফুলাব বিচাৰে এক নতুন সম্ভাৱনাৰ পাপৰি । সময়ৰ খোজত খোজ মিলাই আগুৱাই গৈ থাকোঁতে হয়তো কেতিয়াবা আমি আগবাঢ়িছো আৰু কেতিয়াবা পিছ পৰি ৰৈছো ।এইখিনিতেই  প্ৰয়োজন হয়  আমাৰ বছৰটোত কৰিব লগীয়া কামৰ বাবে সুপৰিকল্পিত এখন নতুন তালিকাৰ । ভাল কামৰ পৰিকল্পনা সমুহ সূচাৰুৰূপে পৰিচালিত হ'ব তেতিয়াহে, যেতিয়া আমি প্ৰতিটো দিন প্ৰতিটো ক্ষণৰে সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম । প্ৰতিটো পুৱাই আমাৰ বাবে নতুন, এনে মানসিকতাৰে কৰ্মৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সেই মতে আগবাঢ়ি গ'লে সময়ে আমাক ঠগিবলৈ সুবিধা নাপাব । সেয়ে বিজ্ঞ জনে কয় 'সময়ৰ শৰ সময়ত মাৰিবা '।মানৱ সভ্যতাৰ ভেটি প্ৰকৃতি । প্ৰকৃতিয়ে কেতিয়াও নিয়ম শৃংখলা ভংগ নকৰে । প্ৰকৃতিৰ ৰহস্য উদ্ঘাটনৰ প্ৰচেষ্টাই বিজ্ঞান । বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানুহৰ হাবিয়াস বঢ়াই তুলি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিলে ।ক্ষত বিক্ষত প্ৰকৃতিয়ে যেন  বিশ্ৰাম ল'লে বিগত বৰ্ষটোতে ।
       হীমচেঁচা বতাহত ভাঁহি  অহা পৰিভ্ৰমী পক্ষীৰ সুললিত কণ্ঠই দিয়ে হেৰুৱাই পোৱাৰ নতুন আশা নতুন সপোনৰ ৰূপকথা । নতুন দিনৰ উদিত সূৰুযৰ পিনে আগবাঢ়ি যাব লাগিব আমি আৰু আমাৰ নৱপ্ৰজন্ম । আমাৰ ইতিবাচক মানসিকতাৰে হাতে হাত ধৰি আগুৱাই নিব লাগিব সেইসকলক যিসকল বিগত বৰ্ষত শাৰীৰিক ,মানসিক আৰু  আৰ্থিকভাৱে ভাগি পৰিছিল । নতুনৰ আনন্দ লভিবলৈ নৃত্য- গীত ,ভোজ ভাতৰ বিপৰীতে নিজক চাবলৈ শিকিব লাগিব ইতিবাচক দৃষ্টিৰে । বাহ্যিক আনন্দই দিয়া নতুনত্ব ক্ষণস্থায়ী । সেয়ে জ্ঞানৰ জেউতিৰে আলোকিত হৈ ইতিবাচক চিন্তাৰে যেন  অগ্ৰসৰ হঁও প্ৰতিটো দিন প্ৰতিটো পুৱা । সুস্থ মনে দিয়ে সুস্থ চিন্তা । আমি পুৰুষ -মহিলা পৰস্পৰে পৰস্পৰৰ সহযোগিতাৰে দেশৰ, সমাজৰ আৰু জাতিটোৰ উন্নতি সাধনৰ বাবে সংকল্পবদ্ধ হঁও আহক । আগন্তুক নৱবৰ্ষই সকলোৰে বাবে কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু আশাৰ এক নতুন ৰেঙণি । স্বাগতম নৱবৰ্ষ ।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও
ফোন -8011850172


পৃষ্ঠাঃ ৩২

মোৰ ভ্রমণ ডায়েৰী - ৯
গোৱা

(প্রথম খণ্ড)

শর্মীষ্ঠা বর্মন

     এয়া ২০১৫ চনৰ অক্টোবৰ মাহৰ কথা ৷ পূজাৰ বতৰ আছিল ৷ পৰিয়ালৰ সকলো সদস্য একেলগ হৈ 'গোৱা' ভ্রমণৰ আঁচনি তৈয়াৰ কৰিলোঁ ৷ 
       এইবাৰৰ ভ্রমণ দলত আছিল আমাৰ চাৰিজনীয়া পৰিয়ালটোৰ উপৰিও (তেতিয়া শহুৰ দেউতা Life certificate দিবলৈ এমাহ আগতেই 'কার্শ্বিয়াং' গৈছিল) মোৰ মা-দেউতা, মাজু ভণ্টী আৰু তাইৰ পুত্রদ্বয়, সৰু ভণ্টীৰ সন্তানদ্বয় আৰু সৰু ভনী জোঁৱাই, ডাঙৰ ভাইটী আৰু ডাঙৰ ভাই বোৱাৰীৰ লগত সিহঁতৰ ছোৱালীজনী আৰু এবছৰীয়া পুত্র সন্তান আৰু সৰু ভাইটীৰ সদ্যবিবাহিতা ভার্য্যা ৷ এই যাত্রাত বাদ পৰিল সৰু ভাইটী আৰু মাজু ভনী জোঁৱাই ৷ সৰু ভাইটীয়ে বেঙ্কৰ চাকৰিৰ পৰা ছুটী নাপালে আৰু মাজু ভনী জোঁৱাই পূজাৰ বতৰত ব্যৱসায় এৰি আহিব নোৱাৰিলে ৷
    মা-দেউতা কেইদিনমান আগতেই দিল্লীৰ পৰা 'ৰাৱটভাটা'ৰ ডাঙৰ ভাইটীহঁতৰ ঘৰলৈ গুচি গৈছিল ৷ যথাসময়ত তেওঁলোক 'কোটা' ৰে'লৱে ষ্টেচনৰ পৰা আমাক লগ দিব৷
      পুৱা দিল্লীৰ ৰে'লৱে ষ্টেচনৰ পৰা আমি 'গোৱা সম্পর্ক ক্রান্তি'ৰে 'গোৱা' অভিমুখে ৰাওনা হ'ম ৷ গতিকে পুৱতি নিশাৰে পৰা বাটত খাব পৰাকৈ আমি তিনিজনী বাই-ভনী আৰু সৰু ভাই বোৱাৰীজনীয়ে লগ হৈ খোৱা-বোৱাৰ যোগাৰ কৰিলোঁ ৷ সিফালে মা, ডাঙৰ ভাইটী আৰু ডাঙৰ ভাই বোৱাৰীয়েও খাদ্য সামগ্রীৰ যোগাৰ কৰি আছিল ৷ আমি লৈ যোৱাখিনি দুপৰীয়া আৰু ৰাতিৰ যোগাৰ হ'ব আৰু সিহঁতে অনাখিনি পিছদিনাৰ যোগাৰ হ'ব ৷ 
     নির্দ্দিষ্ট সময়ত আমি ৰেলত উঠিলোঁ ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে যৌথভাৱে ৰেল যাত্রা কৰাৰ অনুভৱ বৰ অনুপম ৷ তেনে যাত্রা সদায়ে চিৰস্মৰণীয় হৈ থাকে ৷ আমি মাজে- সময়ে ঘৰৰ পৰা ৰান্ধি লৈ যোৱা খাদ্যবোৰ উলিয়াই খালোঁ ৷ সকলোৱে একেলগে ৰেলৰ ডবাত বহি ঘৰৰ বস্তু খোৱাৰ সুযোগ পালে জুতি নলগা বস্তুও পৰম জুতি লগা হৈ উঠে৷ 
     পিছবেলা যথাসময়ত আমি 'কোটা' ষ্টেচন পালোঁ ৷ তাৰ পৰা আৰু কিছু জুতি লগা খাদ্য-সম্ভাৰৰ টোপোলা লৈ মা-দেউতা আৰু ডাঙৰ ভাইটীহঁতৰ পৰিয়ালটোৱে আমাক লগ দিলেহি ৷ আমি ডাঙৰবোৰৰ যিমান আনন্দ লাগিল তাতোকৈ বেছি আনন্দ লাভ কৰিলে আমাৰ ল'ৰা-ছোৱালীৰ দলটোৱে ৷ ডাঙৰজনী ভাই বোৱাৰীয়ে আমাক লগ পোৱাৰ লগে লগে ৰবীন্দ্রনাথ ঠাকুৰৰ গীতটি জুৰিলে,
            
কি আনন্দ কি আনন্দ
মম চিত্তে নীতি নৃত্যে....
         দুদিনৰ পাছত আমি মদগাঁৱ ষ্টেচন গৈ পালোঁ ৷ আগৰেপৰা 'মেৰিনা হল'ত  'হোম ষ্টে' এখন ঠিক কৰি থোৱা আছিল ৷ তাৰ মালিকজনৰ নাম আছিল ৰমেল ফার্ণাণ্ডেজ ৷ তেওঁ আমাৰ বাবে ড্রাইভাৰ সহ 'ট্রেভেলাৰ' গাড়ী এখন পঠিয়াই দিলে ৷ ড্রাইভাৰজনৰ নাম আছিল মিল্টন ৷ বৰ অমায়িক আৰু মৃদুভাষী লোক ৷ আমাক নিজৰ ঘৰৰ আলহীৰ দৰে সম্ভাষণ জনাই গাড়ীখনত বহুৱালে ৷ 
       ধুনীয়া প্রাকৃতিক  পৰিৱেশ উপভোগ কৰি কৰি আমি ট্রেভেলাৰখনেৰে 'মেৰিনা হল'ৰ পিনে আগবাঢ়িলো ৷ বাটৰ কাষে কাষে ধুনীয়া সেউজীয়া গছ-গছনি আৰু সৰু-সুৰা পথাৰৰ দৰে ঠাই দেখা পালোঁ ৷ তাৰ পৰা অনুমান কৰিব পাৰিলোঁ যে সেই ঠাইডোখৰ প্রাকৃতিক সম্পদত চহকী ৷ অসমৰ সেউজীয়া নদন-বদন ঠাইবোৰলৈ মনত পৰি গ'ল ৷ 
    প্রায় দেৰ ঘণ্টামানৰ পিছত আমি 'মেৰিনা হল'ত অৱস্থিত 'আশীর্বাদ এপার্টমেণ্ট' নামৰ 'হোম ষ্টে' খনত উঠিলোঁগৈ ৷ ৰমেল ফার্ণাণ্ডিজে আমাক আপোনজনৰ দৰে আদৰণি জনালে ৷ ঘৰটো ভালদৰে দেখুৱাই কোনো ধৰণৰ অসুবিধা হ'লে নিঃসঙ্কোচে জনাবলৈ কৈ থৈ গ'ল ৷ ঘৰটোত এটা ডাঙৰ 'হল'ৰ উপৰিও চাৰিটা ডাঙৰ ডাঙৰ কোঠালী আছিল ৷ প্রত্যেকটো কোঠালীতে শৌচাগাৰ আৰু স্নানাগাৰৰ উপৰিও একোখনকৈ 'বেলকনি' আছিল ৷ তাৰোপৰি ঘৰটোত ডাঙৰ 'কমন ৱাশ্বৰুম' এটাও আছিল ৷ ইয়াৰ উপৰি পর্য্যাপ্ত সঁজুলিসহ এটা জোখৰ ৰান্ধনিঘৰো আছিল ৷ কেৱল খাদ্য সামগ্রীৰ যোগাৰ আমি নিজে কৰিছিলো ৷ আমাৰ মাজত ৰান্ধনীৰো অভাৱ নাছিল ৷ গতিকে গা-পা ধুই জিৰাই শতাই ৰন্ধা-বঢ়াত লাগি গ'লো ৷ ভোজ ভাতৰ আয়োজন কৰা যেন অনুভৱ হ'ল ৷ 
     'মেৰিনা হল'ৰ কাষত Bernallium Beach আছে ৷ ৰান্ধনীসকল ৰান্ধনিশালত ব্যস্ত হৈ থাকোতে দেউতাক বাদ দি বাকী পুৰুষ সদস্যসকলে ল'ৰা-ছোৱালীবিলাকৰ দলটোক লৈ Bernallium Beach লৈ ওলাই গ'ল৷ আমি সকলোৱে সৰু ভাইটী আৰু মাজু ভনী জোঁৱাইৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰিলোঁ ৷ কিন্তু উপায় নাই সৰু ভাইটীয়ে বেঙ্কৰ চাকৰিৰ পৰা ছুটী নাপালে ৷ মাজু ভনী জোঁৱাইক ফোন কৰি আমাক লগ দিবলৈ পুনৰ অনুৰোধ কৰিলোঁ ৷ প্রথমতে সি অসম্ভৱ কথা বুলি ক'লে ৷ লগতে অজুহাত দি ক'লে,
"পৰহী লক্ষ্মী পূজা, বজাৰত ভীৰ,ব্যৱসায় বন্ধ কৰি কেনেকৈনো যাওঁ?" 
      মই ধেমালি কৰি ক'লো,"কিহৰ লক্ষ্মী পূজা ! তোমাৰ লখিমী দেখোন ইয়াতহে আছে ৷ গতিকে এই লক্ষ্মীৰ সেৱাত হাজিৰ হোৱাহি ৷" 
বেছেৰাই মোৰ কথা পেলাব নোৱাৰিলে ৷ পিছদিনা পুৱাৰ 'ফ্লাইট'ত অহাৰ প্রতিশ্রুতি দিলে ৷ আমাৰ আনন্দ দুগুণ চৰিল ৷

   ক্রমশঃ...


পৃষ্ঠাঃ ৩৩

নীলা খামৰ চিঠিঃ

প্ৰতি
“অৰণ্য” , 

তোমাক মই শব্দৰে লিখি থৈছো ৷ লিখি থৈছো : তোমাৰ কথা , তোমাৰ মাত ৷ তাৰপাচতো মই তোমাক ক’ম দূৰণিৰ নীলা পাহাৰটোৰ সিপাৰৰ ৰূপকথাৰ দৰে মই এটি সাধুকথা ৷ কেৱল এটি সাধুকথা ৷ পুখুৰীৰ পোনা মাছবোৰে পতা ভাষাটো তুমি সাজিব জানা ৷ নাজানা নিজৰ বুকুৰ কথাবোৰ সাজিবলে সেয়েহে হয়তো আহিনৰ নিয়ৰত তিতো ওৰেটো ৰাতি ৷ অভিমান এটা কিমান দীঘল হ’লে বাঁহীৰ মাত কৰুণ শুনি মই নাজানো
জানো দোভাগ ৰাতি ম’বাইলৰ ভাইব্ৰেচন এটা বিচাৰি উজাগৰী ৰাতিবোৰে সেমেকায় শেতেলি ৷ 

জীৱনটো এটা দীঘল কবিতা বুলি কওঁতে তুমি কৈছিলা “কবিতা মই নুবুজো” ৷ তোমাৰে মোৰে বাট বেলেগ বুলি কোৱাৰ দিনা তুমি উচুপি উঠোতে বুকুত হিমচেঁচা শীতে খুন্দা মাৰি উশাহবোৰ ভেটোতেও মই কৈছিলো “সময়ৰ মলমে শুকুৱাই কলিজাৰ ঘাঁ” ৷ মনত আছেনে তোমাৰ ? আছে ৷ নিশ্চয় আছে ৷ তুমি জানো পাহৰিব পাৰিছা মোৰ মাত ! মোৰ দৰে তোমাৰ প্ৰাত্যহিকতাতো ৰৈ গৈছে কিছুমান অভ্যাস ; এৰিব নোৱৰাকৈ ৷ 

জীৱনৰ আশাবোৰ মৰহিব ধৰোতে তুমি তুলি ধৰিছিলাহি মোক ৷ মৃত্যুশীতল ৰাতি কিছুমানে গিলিব খোজোতে তুমি দেখুৱাইছিলাহি পোহৰৰ বাট ৷ তাৰপাচতো মই তোমাৰ হ’ব নোৱাৰিলো ৷ সময়ৰ ডায়’ফেণ্টাইনবোৰ থাকক তেনেকৈয়ে ৷ কথা নবঢ়াওঁ ৷ কথাৰ জটিল পাকত আইৰ যদি চকুলো নুশুকাই কথাবোৰ মাজৰাতি বিনাই উঠা কেতেকীৰ মাতৰ দৰেই থাকক ৷ 

তোমাৰ জীৱনলৈ জেতুকাৰ ৰং পিন্ধি কোনোবা অহাৰ দিনা মই তোমাতকৈও বেছি সুখী হ’ম ৷ তোমাৰ ছাঁত সুখ জিলিকা হাঁহি এটা পিন্ধি তেওঁ কুশলে থাকিব মোৰ সহজ বিশ্বাস ৷ মোলৈ মনত নেপেলাবা ৷ কিছুমান মনত পৰাৰ বিষ বৰ তীব্ৰ ৷ আজিলৈ সামৰিছো ৷

মৰমেৰে ;
তোমাৰ 
ঋদ্ধি

ঋদ্ধি কাশ্যপ
আমগুৰি , শিৱসাগৰ


পৃষ্ঠাঃ ৩৪
গল্পঃ

ভোলা

খা-খবৰ নিদিয়াকৈয়ে ৰাগিনী আৰু ৰূপম ওলালহি  বায়েক পূবালীৰ ঘৰত।
দুয়োকে দেখি পূবালীৰ উথপ-থপ লাগিল।ইমানদিনৰ মূৰত আহিছে সিহঁত! তাকো খবৰ নিদিয়াকৈ! পৰাগো আজি দেৰিকৈ পাবহি ডিউটিৰ পৰা! ছেঃ! কি যে খুৱাব নহয় সিহঁতহালক! ৰাগিনীক বাৰু যেনতেনকৈ খুৱাব পাৰি! কিন্তু জোঁৱায়েক ৰূপমক! তাকতো নোৱাৰি তেনেকৈ খুৱাই পাল মাৰিব! তাকে লৈ সিহঁত অহাৰে পৰা চাহ-তামোল দিয়া সময়লৈকে পূবালীৰ মনত চিন্তাই পাকঘূৰণি খাই আছে। লক ডাউন হোৱাৰ পিছত এয়াই প্ৰথম দেখা-দেখি দুই বাই-ভনীৰ। বহুতদিনৰ মূৰত লগ পাই কথা যেন শেষেই নহ'ব! হওঁতে ফোনত কথা হৈয়ে থাকে দুই বাই-ভনীৰ মাজত সপ্তাহটোত দুই তিনিদিন। তথাপিও দুইজনী সন্মুখা-সন্মুখি হৈ কথা পাতিবলৈ পাই বিভিন্ন প্ৰসংগ ওলাইছে।ৰূপমেও মাজে মাজে কথাৰ ভাগ লৈছে।
       কথাৰ মাজতে পূবালীয়ে ৰাগিনীক অকণমান খঙো কৰিছে। খবৰ নিদিয়াকৈ অহাৰ বাবে। ভিনিহিয়েক নাথাকিলে যে তাই মনৰ জোখাৰে আলহীক শুশ্ৰুষা কৰিব নোৱাৰে। সেই লৈ অসন্তুষ্টিৰ ভাৱো ফুটি উঠিছে তাইৰ মুখত। ৰাগিনীয়ে বায়েকৰ মনৰ অৱস্থাটো বুজিয়ে কৈ উঠিছে । "ঘৰত যেনেকৈ  যি আছে তাকে ৰান্ধচোন তই। আমি তেনেকৈয়ে ভালপাওঁ ।কিনো  আমাক ইমান দূৰণিৰ আলহীৰ নিচিনাকৈ ভাবি লৈছ"। বুলিও কৈছে। তথাপিও পূবালীৰ মনটোৱে মনা নাই।
   কি কি ৰান্ধিব মনতে যুকীয়াই, পূবালীয়ে গিৰিয়েক পৰাগলৈ ফোন এটা কৰিলে। কিবা উপায় পোৱা যাব নেকি বুলি ভাবিয়ে, পৰাগ কামত ব্যস্ত হৈ আছে বুলি জানিও, ফোন লগালে।দুটা ৰিং হোৱাৰ পিছতে পৰাগে ফোন ৰিচিভ কৰিলে। 
ভাহি আহিল কথা সিপাৰৰ পৰা----
       :: হেল্ল, হেল্ল পূবালী কোৱা।
        ::হেল্ল, পৰাগ, পৰাগ শুনাচোন। ইহঁত মানে ৰাগিনী আৰু ৰূপম আহিছে।
::এ হয় নেকি, বৰ ভাল কথা।
::সঁচাই বৰ ভাল লাগিছে। কিন্তু কি ৰান্ধি খুৱাওঁ এতিয়া মই ইহঁতহালক ? তাক লৈহে বিমোৰত পৰিছোঁ।
::এহ সেইটোনো ইমান চিন্তা কৰিবলগীয়া কথানে ? তোমাৰ ভোলা দেওৰক ফোন এটা মাৰি দিলেই হাঁহ-কুকুৰা আনি ঘৰত দিয়েহি চোন।
::হয়তো আক'। মই যে পাহৰিয়েই গৈছিলোঁ সেইটো কথা। মুখখন পোহৰ হৈ আহিল পূবালীৰ । পৰাগক পাৰিলে অকণমান সোনকালে আহিবলৈ কৈ তাই ফোন সামৰিলে।
মনতে ভাবিলে তাই । কিয় যে  ভোলাৰ কথা এবাৰো তাইৰ মনলৈ অহা নাছিল নহয় ! 

টিলিং  টিলিং টিলিং
শইকীয়ানীৰ লগত কথা পাতি ভিতৰ সোমাবলৈ লওঁতেই একেৰাহে বজোৱা চাইকেলৰ টিলিঙাৰ মাত শুনি পূবালীয়ে পদূলিলৈ ঘূৰি চাইছিল সেইদিনা।
::অ বৌ একেবাৰে তাজা তাজা কল, তাজা তাজা শাক-পাচলি লৈ আহিছোঁ। লয় নে ?গৌড়বৰণৰ , একেবাৰে ক্ষীণকায় কপালৰ পৰা পিছফালে মূৰত মলিয়ন গামোচা আঁতি বন্ধা, এমুখ তামোল চোবাই চোবাই ওঁঠ দুখন ৰঙা কৰি মাত দিয়া  ল'ৰাটোৰ মাতত আত্মীয়তা সুৰ ফুটি উঠিছিল। ।
চাইকেলখনৰ আগফালে---কাঁচকল, মনোহৰ কল, ভীম কল আখি আখিকৈ বান্ধি ওলোমাই অনাৰ বিপৰীতে  এটা জালিকটা ক'লা প্লাষ্টিকৰ বাস্কেটত ভৰাই আনিছিল---ঢেঁকীয়া, কলমৌ, পচলা, কলডিল, বাঁহৰ গাজ, অমিতা আৰু কচুলতি।।শাক-পাচলিবোৰৰ মাজত আক' গুজি আনিছিল দুপাহমান পদুমফুল।
    পৰাগে আগদিনা দেওবৰীয়া বজাৰৰ পৰা অনা শাক-পাচলিয়ে উভৈনদী হৈ থকাৰ বাবে তাই তাক একো  নালাগে বুলিয়ে কৈছিল।তথাপিও সি "এবাৰ মোৰ শাক-পাচলিবোৰ চাই লওক বৌ" বুলি কোৱাত তাই আগুৱাই গৈছিল।
হয় ! একেবাৰে তাজা তাজা আছিল কল কেইটা আৰু শাক-পাচলিবোৰ। তাই কিন্তু শাক-পাচলি চাবলৈ বুলি চাইকেলখনৰ কাষ চাপি যোৱা নাছিল ! তাইক আকৰ্ষণ কৰিছিল ঢেঁকীয়া , কলমৌশাকৰ মাজে মাজে গুজি থোৱা পদুম ফুল কেইপাহহে। ল'ৰাটোৰ মাতষাৰতো আছিল হয়তো এটি সন্মোহন শক্তি। নহ'লে আনদিনা এনেধৰণৰ বেপাৰীবোৰক তাই নালাগে বুলি কৈ  একেষাৰতে পঠিয়াই দিয়ে।
     ::পদুম কেইপাহ বিক্ৰীবলৈ অনা নাই বৌ।মোৰ এটা চিনহে এই পদুম কেইপাহ। মই যাতে কলনিত সোমোৱাৰ মাত্ৰকে দূৰৈৰ পৰা দেখিয়েই প্ৰতিজনী বৌয়ে মোক চিনি পায় সেইটো "ভোলা" বেপাৰী আহিছে বুলি মই সেইবাবেহে এই পদুমকেইপাহ লৈ আহোঁ ।"
পদুম কেইপাহ আলফুলকৈ চুই থকা পূবালীৰ ওঁঠত হাঁহি বিৰিঙিছিল তাৰ কথা শুনি। "তোমাৰ নামটো তাৰমানে "ভোলা"। সঁচাকৈয়ে নামে-কামে বৰ আপোন ভোলা যেন লাগিছে তোমাক প্ৰথম দেখিয়েই।
 নলওঁ বুলিও মনোহৰ কল এআখি , ভলুকা বাঁহৰ গাজ এটি, পচলা এডোখৰ ,ভীমকলৰ কলডিল এটা লৈ পইচা দি বিদায় দিছিল তাক সেইদিনা। তাৰপিছৰে পৰা সোমবাৰ আৰু বৃহস্পতিবাৰে "ভোলা" কলনিলৈ আহেই।চাইকেলৰ টিলিঙা বজাই পূবালীক মাত দিয়ে।পূবালীয়ে দৰকাৰ হ'লে শাক-পাচলি লয় । কেতিয়াবা একো নালাগে বুলি কৈ পঠিয়াইও দিয়ে। কিন্তু তাৰ ঢেঁকীয়া-কলমৌৰ মাজত লৈ অনা পদুমফুলকেইপাহ সদায়ে চুই চায় তাই। এদিন সি সিহঁতৰ পদূলিৰ মুখত  উপৰ্য্যুপৰি টিলিঙাই  বজাই চিঞৰি আছিলহি। চিঞৰি আছিল বৌ বৌ কৈ। পৰাগো আছিল সেইদিনা ঘৰত।
   পূবালী বাথৰূমত আছিল সেইসময়ত। পৰাগ ওলাই গৈ তাক গালি এজাউৰি ঠিকছে পাৰিছিল। ইমানকৈ বেল বজোৱাৰ কাৰণে। সি অতিশয় নৰম সুৰত পৰাগক কৈছিল। "ককাইদেউ অ' বৌকহে মাত এষাৰ দিছিলোঁ। আনদিনা ননা বস্তু কেইটামান লৈ আহিছিলোঁ আজি সেয়েহে।পূবালীয়ে ডাৰত  কাপোৰ মেলিবলৈ বাল্টিটো লৈ ওলাই  আহি ভোলাৰ মাতটো শুনি ৰিঙিয়াই সুধিছিল চোতালৰ পৰাই "আজি কি কি আনিছা অ ভোলা?"
"অ বৌ তোমালৈ পদুমফুল এজোপা লৈ আহিছোঁ গামলা এটাতে পানীত পেলাই থ'লেই হ'ব। সদায়নো মোৰ ফুলকেইপাহ কিমান চুই চুই চাবা।ঘৰতে ৰুই ল'বা। ফুলিলে তোমাৰ মনটোও ভাল  লাগিব। আৰু কেঁচাহালধী, নৰসিংহ, মানিমুনি, ভেদাইলতা, মছন্দৰী, মানধনিয়া, তুলসী পাত দুমুঠিমান বান্ধি আনিছোঁ। শুনিছোঁ  এইবোৰ খুন্দি ৰসকণ খাই থাকিলে ক'ৰনাই সতকাই নাপায়। লেতেকু, পনিয়ল, মধুৰিয়াম, নাচপতি ,টকৌতামোল, থেৰেজু দুটামানো আনিছোঁ তোমালোকে আপেল, আঙুৰহে খাই থাকা সেইবোৰ বস্তু আজিকালি দেখিয়েই নোপোৱা হ'লা যে। সেয়েহে।।পৰাগক আওকাণ কৰি পূবালীক ভলভলকৈ কথা কোৱা ভোলাৰ কথাকেইষাৰ শুনি পৰাগৰো হয়তো মানুহটোৰ প্ৰতি মনটো সদয় হৈ পৰিছিল। পৰাগে   সুধি পেলাইছিল ভোলাক "ক'ত ঘৰ ? শাক-পাচলিবোৰ ক'ৰপৰা আনে সি" অন্যান্য কথা।
"অৰিজেনেল ঘৰ মোৰ ধেমাজিত ককাইদেউ। দুলিয়াজানত থকা পাঁচবছৰ মানেই হ'ল।উষাপুৰতে ভাড়াঘৰ এটি লৈ আছো। শাক-পাচলিবোৰ বুটলি আনো ধেমাজিৰ কচুবাম গাঁৱৰ পৰা। এনেকৈয়ে চলাই নিছোঁ জীৱন বৃত্তৰ ৰেখাডাল।" 

এফাল পচি যোৱা ঘৰৰ পদূলিত থকা তামোল গছজোপালৈ দেখুৱাই "এইজোপা এই কাৰেণ্টৰ তাঁৰবোৰত নপৰাকৈ  কাটিবলৈ কোনোবা গছ কটা মানুহ চিনাকি আছে নেকি" বুলি সুধিছিল পৰাগে ভোলাক। ভোলাই টপৰাই কৈছিল পৰাগক" বেলেগ মানুহনো কেলেই লাগিছে অ ককাইদেউ। তুমি যদি ৰিস্ক লৈ অনুমতি দিয়া মইয়ে টকা এহেজাৰ লৈ একো অনিষ্ট নকৰাকৈ কাটি দিম। তুমি কিন্তু লগত থাকিব লাগিব।কোনদিনা আহিম কোৱা।" দেওবাৰে আহিবলৈ কৈছিল পৰাগে তাক।
দেওবাৰে দহমান বজাত ওলাইছিলহি ভোলা।পৰাগহে হঠাতে কাম ওলোৱাত পুৱাই ডিউটিলৈ যাব লগা হৈছিল। পূবালীয়ে সেইদিনা তাৰ চাইকেলত শাক-পাচলিৰ বেগ নেদেখি প্ৰশ্নবোধক দৃষ্টিৰে চাইছিল তালৈ।
সি তামোলগছ জোপালৈ আঙুলিয়াইছিল।তামোলগছ জোপাৰ  ওপৰলৈকে লক্ষ্য কৰি দেখিছিল পূবালীয়ে থোকাথোকে তামোল লাগি আছে। তামোলবোৰ আৰু এমাহমানৰ পিছতে খাব পৰাও হ'ব। পৰাগক এইবোৰ কথা কৈ  বাধা দিব নোৱাৰে তাই। উলোটাই যুক্তিৰে বুজাবহে তাইক" বজাৰত অসংখ্য তামোল। তুমি মই কিমাননো তামোল খাওঁ। কেতিয়াবা ধুমুহা আহিলে এইজোপা যদি ঘৰত পৰে ?  বহুত ক্ষতি হ'ব। তাই একো মাত মাতিব নোৱাৰে পৰাগৰ সবল যুক্তিত। সেইবাবে ভোলাকে কৈ উঠিছিল "লাগি থকা তামোল জোপা নাকাটিলে নহ'বনে ভোলা" বুলি।
 "হওঁতে হ'ব বৌ! তামোলখিনি খাবপৰা হোৱাৰ পিছত গছজোপা কাটিলেও হ'ব। বতাহ মাৰিলেও বৰ সোনকালে গছজোপা ভাগি নপৰে। পচিবলৈ আৰম্ভ কৰিছেহে। গছজোপা এতিয়াও শক্তিশালী হৈয়ে আছে। সেইদিনা ককাইদেউৱে কথাটো কওঁতে মইও কথাটো নভবা নহয়। তথাপিও বাৰু ককাইদেউলৈ ফোন এটাকে মাৰি সুধি চাওঁ। কি কৰোঁ কাটিম নে নাকাটিম ? নম্বৰটো কোৱাচোন বৌ। NOKIA ৰ সৰু ম'বাইল ফোনটো জেপৰপৰা উলিয়াই সি চুইছ্‌ অন কৰিছিল। পূবালীয়ে মাথোঁ তামোলজোপালৈকে একেথিৰে চাই আছিল।
তোমাৰ মনটোও বুজিছোঁ মই বৌ। মোক আক' টকা এহেজাৰটো বৰ প্ৰয়োজনো হৈছিল।ল'ৰাটোৱে চাইকেল এখন লাগে বুলি বৰকৈ থেনথেনাই আছে। আজি চাইকেল লৈহে আহিম বুলি কথা দি আহিছিলোঁ ঘৰত।
এটি দীঘল হুমুনিয়াহ পেলাই পূবালীয়ে পৰাগৰ নম্বৰটো কৈ গৈছিল তাক। সি বাৰে বাৰে লগাইও পৰাগৰ নম্বৰটো নট ৰিছেবল পাইছিল। 
"বাৰু বৌ ককাইদেউক মই অহা বুলি ক'বা। আৰু কোনদিনা আহিলে সুবিধা হয় মোক জনাবলৈ ক'বা। মই ককাইদেউৱে মোলৈ ফোন কৰিলেই আহি যাম।"
কৈয়ে সি চাইকেলখন লৈ যাবলৈ ওলাইছিল। পূবালীয়ে তাৰ ফোন নম্বৰটো দিবলৈ কওঁতেহে সি থমকিছিল।
"মোৰ নিজৰ নম্বৰটো মুখস্থ নাই বৌ। তোমাৰ নম্বৰটোকে কোৱা। মই ফোন এটা মাৰি দিওঁ।"
ভিতৰত ৰিং হৈছিল পূবালীৰ ফোন। তাৰ মুখত হাঁহি বিৰিঙিছিল লগে লগে পূবালীহঁতৰ কোৱাৰ্টাৰ নংটো চাইছিল সি "বৌ অ তামোলগছ জোপা কাটোঁ বা নাকাটোঁ কেতিয়াবা যদি হাঁহৰ মাংস, মূৰ্গী মাংস খাব মন যায় মোলৈ ফোন এটা মাৰিব। সাউতকৈ মটৰচাইকেলত লৈ আহি দি যাম। বজাৰতকৈ বিশ ত্ৰিশটকা  কমকৈহে লওঁ মই। আৰু তোমাৰ পদুমফুলজোপা ফুলিলেও খবৰ এটি দিবলৈ নাপাহৰিবা মোক। দুলিয়াজানৰ কলনিত তোমাক লগ  লগাই মোৰ দহজনী বৌ হ'ল। দহঘৰত পদুমৰ পুলি আনি দিছো জানানে। সবৰে ঘৰতে জী উঠিছে।আচলতে তোমালোকৰ মনবোৰ বৰ ভাল ।"
"হয় নে! বৰ ভাল কথা দেখোন! পূবালীৰ মুখখনো উজ্জ্বল হৈ পৰিছিল। সুধিয়ে পেলাইছিল তাক " মাংস আনিব ক'লে সময়মতে ঘৰত  দি যাবহি পাৰিবানে?"
"পাৰিমতো বৌ। তুমি মাত্ৰ খবৰটো দিবা হাঁহ নে কুকুৰা। ভোলা আহি তোমাৰ ঘৰত হাজিৰ।দহমিনিটৰ পিছত বুলি কৈ  আঠমিনিটতে আহি পামহি। তুমি চাই থাকিবা।"

এৰা! সেইদিনাৰ পিছৰে পৰা তাই কেইবাদিনো ফোন কৰি ভোলাৰ পৰা হাঁহৰ মাংস, কুকুৰাৰ মাংস লৈছে। সময়মতেই দিয়েহি। 

"ভোলা"ৰ  নম্বৰটো উলিয়াই ডায়েল কৰিলে তাই। এবাৰ, দুবাৰ, পাঁচবাৰলৈকে। ৰিং হৈ হৈ কাট খাই যায়। মুখৰ ভিতৰতে ভোৰভোৰাই উঠিল তাই "দৰকাৰী সময়বোৰতে নাপাওঁ এই মৰিবলৈযোৱাবোৰক। জহনীমৰাই আনদিনা এটা ৰিঙতে ফোন উঠায়। আজি তাৰ পইচা বেছি হ'ল নেকি ? ফোনেই নুঠাই যে!

ছেঃ ! কি কৰা যায়!

অৱশেষত ৰূপমকে বেগটো দি বজাৰলৈ পঠিয়ালে তাই।
ৰাগিনী আৰু তাই লগলাগি কথা পাতি পাতি পাকঘৰত লাগিল। একোবাৰত ভোলাৰ কথাও মনলৈ আহিল তাইৰ। আজি সোমবাৰ। সি আজি কলনিলৈও নাই অহা তাৰমানে। আৰু যোৱা বৃহস্পতিবাৰেও সি  কলনিলৈ আহিছিল নে নাই অহা তাইৰ মনত পৰা নাই দেখোন! নাই! নাইঅহা! আহিলে সি দি যোৱা শাক-পাচলি এটা হ'লেও থাকিলহেঁতেন পাকঘৰৰ ডলাখনত।

ভাত খাব সময়তে পৰাগো আহি পালেহি। ভালেই লাগিল পূবালীৰ মনটো। মাছে-মঙহে ভাতসাঁজ ৰান্ধিলে। মানুহটো নাথাকিলে খাবৰ সময়ত তাইৰ মনটো ভাল নালাগে। তাতে ৰূপমেও বৰ অকলশৰীয়া অনুভৱ কৰিছে অথনিৰে পৰা। তাৰো ভাল লাগিল পৰাগ আহি পোৱাত।

ভাত, দাইল, মাছ-মাংসবোৰ কেৰাহীৰ পৰা পাত্ৰই পাত্ৰই উলিয়াই আনি ডাইনিঙতে লৈ আটাইকেইটাই খাবলৈ বহিল।

মুখলৈ ভাত এগৰাহ নিবলৈ লওঁতেই পুবালীৰ ফোনটো বাজি উঠিল। তাই ফোনটো হাতত লৈয়ে বিৰক্তিৰে ভোৰভোৰাই উঠিল"দৰকাৰৰ সময়ত ফোন নধৰে। এতিয়া ভাতকেইটা খাবলৈ লৈছোঁ সি মৰাই ফোন কৰিছে। নধৰোঁ যাহ্‌। মাৰি থাক।"

"হেৰা কাকনো গালিসোপা বৰষিছা ? তোমাৰ ভোলা দেওৰক চাগে' নহয়নে?" পৰাগে পূবালীক ধেমেলীয়া সুৰেৰে সুধিলে।

" হয়! সেইডালকেই।"

"খং ৰাগ এৰি ধৰাচোন ফোনটো। তাক অহা দেওবাৰে আহিবলৈ কোৱা। মই ঘৰতে থাকিম সেইদিনা। তামোলজোপা কটোৱাম তাৰ হতুৱাই ।"

ফোনটো ৰিচিভ কৰি কাণত লগালে পূবালীয়ে।

ভাঁহি আহিল এটি নাৰী কণ্ঠ। 

::কি?
পূবালী শিল পৰা কপৌৰ দৰে জঠৰ হৈ পৰিল মুহূৰ্ততে। পৰাগ, ৰাগিনী আৰু ৰূপমে তাইলৈ আশ্চৰ্যভৰা চাৱনিৰে চালে।
ফোনটো ঠককৈ ডাইনিঙতে থৈ জলজলকৈ ভৰি অহা চকুযোৰ মোহাৰি কৈ উঠিল তাই---ধেৎ তেৰিকা। সিনো কিয় আহিছিল আমাৰ গলিটোলৈ। গুচি যাবলৈকে ইমান মৰম বিলাইছিলহি নেকি সি আমাক ? ইমান যে আপোন হৈ পৰিছিলহি দুদিনমানতে।

"কোন গুচি গ'ল পূবালী ? কি কৈ আছা এইবোৰ তুমি ?" প্ৰায়ে চিৎকাৰ কৰি উদ্বিগ্ন হৈ সুধিছিল পৰাগে পূবালীক। মনে-প্ৰাণে প্ৰাৰ্থনা কৰিছিল ভোলাৰ কথা যাতে নকওক পূবালীয়ে। মোৰ মৰমৰ দেওৰ "ভোলা" দুদিন জ্বৰত পৰি থাকি। একো খাব বব নোৱাৰি উষাপুৰৰ ভাড়াঘৰৰ ভিতৰতে মৰি থাকিল। কৰ'না মহামাৰীয়ে তাক লৈ যোৱাৰ পিছত  আজি তাৰ তিলনিও হৈ গ'ল। অথচঃ মই বৌৱেকজনীয়ে গমেই নাপাওঁ চোৱাচোন। হুকহুকাই কান্দি পেলালে পূবালীয়ে। একেডাল  নাড়ীৰ  যেন নিজৰ আপোন ভাইটোকহে হেৰুৱালে তাই।

গোটেই পৰিবেশটো কাঁহ পৰি জিন যোৱাৰ দৰে হ'ল। জঠৰ হৈ পৰিল মাথোঁ কেইটামান মুহূৰ্ত আগত হাঁহি ফূৰ্তিৰে কথা পাতি পাতি সুস্বাদু খাদ্যবোৰৰ স্বাদ ল'বলৈ লকলকাই থকা জিভাকেইখন। হেতাৰ টুং টাং শব্দৰে মাছ-মাংসৰ পাত্ৰবোৰত  সৃষ্টি হোৱা কোলাহলবোৰো নোহোৱা হৈ গ'ল পলকতে।
    
"আৰে তোমালোকে খোৱা আক'। ৰৈ আছা কিয় ? ঠাণ্ডা হ'লে খাবলৈ বেয়া লাগিব নহয়। লোৱা, লোৱা মাছ-মাংস লোৱা। একো লোৱাই নাই দেখোন। ৰূপম তুমি। ৰাগিনী, ৰূপমক দি দিয়া আক'। কিনো ৰৈ আছা। বায়েৰাৰ অন্তৰখন জানাই দেখোন বৰ কোমল। বাটত দুদিন লগ পোৱা মানুহক বুকুৰ আপোন কৰি লৈ এতিয়া কান্দি মৰিছে।" পৰাগে পৰিবেশটো অলপ ভাল হওক বুলিয়ে কৈ উঠিল কথাকেইষাৰ।
খাওঁ নাখাওঁকৈ ৰূপম ৰাগিনীয়ে এগৰাহ দুগৰাহকৈ  মুখত ভাত গুজিলে।সিহঁতক তেনেকৈ খোৱা দেখি পূবালীৰ মনটো আৰু সেমেকি উঠিল।
"ছেঃ! এনেকৈ কন্দা-কটাখন কৰা দেখি ইহঁত হালে বাৰু কি বুলি ভাবিছে তাইক ! বিশেষকৈ ৰূপমে । মনতে ভাবিলে পূবালীয়ে।

মাথোঁ এই কেইমাহমানৰ ভিতৰতে আন্তৰিকতা গঢ়  লৈ উঠা "ভোলা"ৰ বিষয়ে তাই এতিয়া সিহঁতক ভালকৈ বুজাই ক'বলৈও মনত শক্তি নাই। থাকক! নোকোৱাকৈ থকাই ভাল! ক'লে আকৌ "ভোলা"ই সিহঁতৰ বুকুতো মৰমৰ বাহ বান্ধিব। ৰাগিনী ৰূপমৰ পেটলৈ যোৱা ভাত কেইগৰাহো হজম নহ'ব "ভোলা"ৰ দুখতে!

পৰাগলৈ চালে তাই কেৰাহিকৈ। ভাতৰ কাঁহীখনতে আঙুলি কেইটাই আঁক-বাঁক কৰি আছে। "তুমিনো ৰৈ আছা কিয় ? খোৱা আক'।মইহে বাটত দুদিন লগ পোৱা মানুহক  বুকুত বহুৱাই আপোন কৰি লৈ কান্দি মৰিছোঁ। তুমিতো এদিনহে লগ পাইছা তাক।
::হুঁ, অঁ।

শিখামণি গগৈ
দুলিয়াজান


পৃষ্ঠাঃ ৩৫
গল্পঃ

আঁঁউসীৰ জোনাক

      দুপৰীয়াই পিয়নজনে চিঠিখন দিলেহি। সীমান্তত যুদ্ধৰ পূৰ্ণগতিত প্ৰস্তুতি চলিছে। কৰ্ণেল নয়ন দুৱৰা অতি সোনকালে যুদ্ধক্ষেত্ৰলৈ যাব লাগে। চিঠিখন মেলি নয়নৰ মনটো বিষাদেৰে ভৰি পৰিছে। বিয়াৰ বাবে এমাহৰ ছুটী লৈ সি ঘৰলৈ আহিছিল। মাহটো পূৰ হ'বলৈ নাপালেই।গাৰ পৰা মাহ-হালধিৰ গোন্ধ যোৱাই নাই। এহাল নৱবিবাহিতা দম্পতীৰ বাবে এই মধুৰতম ক্ষণখিনি সি এৰি থৈ যাবলৈ ইচ্ছা কৰা নাই। পত্নীয়ে নেদেখাকৈ চিঠিখন লুকুৱাই ৰাখিছে। কিবা কৰি অফিচত সি জনাব লাগিব যাব নোৱাৰে বুলি। কথাটো সি মাকৰ লগতো আলোচনা কৰিছে। মাকেও তাৰ কথাত হয়ভৰ দিছে। মাকৰ মতে দুদিনৰ বাবে আহিছে পুতেকটো ঘৰলৈ। এতিয়া নগ'লেও হ'ব। মাকে সিহঁতৰ চাকৰিৰ কথানো জানে কি ? আৰ্মিৰ চাকৰি। ছুটী নাপায়। বিয়াখন বুলি সকলো কাম সি অকলেই চম্ভালিব লগা হৈছে। মাকৰ একমাত্ৰ পুত্ৰ নয়ন। আঁউসীৰ আন্ধাৰ নেওচি মাক আঘোণী বাইৰ ঘৰখন পোহৰাই তোলা কৰ্ণেল নয়ন দুৱৰাৰ বিয়াখন হৈ যোৱা মাত্ৰ এসপ্তাহ হৈ গৈছে। এতিয়ালৈকে একো থানথিত লগাই নাই। গাৰ পৰা মাহ-হালধিৰ গোন্ধও যোৱাই নাই। বিয়াৰ পাছৰ পৰ্বৰ কামবোৰৰ বাবে পত্নীকো ভালদৰে সময় দিব পৰা নাই। তাতে আহিল আকৌ অফিচৰ চিঠিখন। কি বুলি ক'ব সি নৱ বিবাহিতা পত্নীক ? কেনেকৈ এৰি যাব সি তাইক? তাৰ মনত ঢৌ খেলিছে অযুত প্ৰশ্নই।

     তাৰ মৰমৰ জন্মদাত্ৰী মাকজনীৰ সি আজি বহু বছৰৰ মূৰত ওচৰ চাপিছে। চাকৰি পোৱাৰ পিছত সি ট্ৰেইনিঙৰ বাবে মাকৰ ওচৰলৈ আহিব পৰাই নাছিল। মাথোঁ চিঠি পঠিয়াইছিল। মাক নিৰক্ষৰ হোৱাৰ বাবে চিঠিবোৰ গাঁৱৰে অমল মাষ্টৰে পঢ়ি শুনাইছিল। নয়ন অমল মাষ্টৰৰ প্ৰিয় ছাত্ৰ। সৰুৰে পৰা পঢ়া-শুনাত মেধাৱী মিতভাষী নয়ন শিক্ষাগুৰু সকলৰ সদায় প্ৰিয় আছিল।সুখ‍্যাতিৰে বি এ পাছ কৰাৰ পিছত সি এন ডি এ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছিল। তাতো সকলো দিশতে পাৰদৰ্শিতা দেখুৱাই নয়ন সেনাবাহিনীৰ চাকৰিৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ল। বহুকেইখন যুদ্ধত নয়নে নিজৰ বীৰত্বৰ পৰিচয় দি বৰ্তমানৰ কৰ্ণেল নয়ন হৈছেহি। জন্মতেই পিতৃহাৰা নয়নে আঘোণী বাইক কষ্টৰ ফচল দিছে। অতীতক সোঁৱৰিলে আজিও নয়নৰ বুকু ভেদি দুখৰ নিজৰা বৈ আহে। কমখন কষ্ট কৰিনো আঘোণী বাইয়ে নয়নক আজিৰ পৰ্যায়ত থিয় কৰাইছেনে বাৰু ? লোকৰ ঘৰে ঘৰে আহাৰ-শাওণ মাহত আঘোণী বাইয়ে ভুঁই ৰুবলৈ যায় আকৌ আঘোণৰ সোণোৱালী পথাৰত লোকৰ ধান দায়। বাকী সময়ছোৱাও বহি নাথাকি কাৰোবাৰ ঘৰত পিঠাগুৰি খুন্দা, চিৰা খুন্দা, পিঠাখোলাত সহায় কৰা আদি দিন হাজিৰা কামবোৰ কৰি পেটৰ ক্ষুধা পূৰণ কৰে। মেট্ৰিক পাছ কৰাৰ পিছত নয়নেও টিউচন কেইটামান গোটাই তাৰ হাত খৰচৰ লগতে পঢ়াৰ খৰচো উলিয়াবলৈ ধৰিলে। পঢ়াত চোকা হোৱাৰ বাবে তাৰ টিউচনৰো অভাৱ নাই। অৱশ্যে চাকৰিটো হোৱাৰ পিছত সি মাকক কাঢ়াকৈ নিৰ্দেশ দিছে লোকৰ ঘৰত কাম নকৰিবলৈ। কাৰণ মাকক ইতিমধ্যে বাৰ্ধক‍্যই আগুৰি ধৰিছে। সৰু সুৰা বিষ, কাহ আদি বেমাৰে লগ দিছে। অকলশৰীয়া মানুহ। চাওঁতা কোনো নাই।গতিকে অলপ সাৱধানে থকা ভাল। নয়নে আগৰ কেঁচা ঘৰটোৰ সলনি সুন্দৰকৈ এটা আচাম টাইপত পকী ঘৰ সজাইছে। এতিয়া মাকে এই ধুনীয়া ঘৰখনত অকলে আৰামত দিনবোৰ পাৰ কৰিছে। কাম কৰিবৰ বাবেও এজনী ছোৱালী আহে সদায়। তাই সকলোবোৰ কাম কৰি থৈ যায়। মাকে মাথোঁ নিজৰ খোৱা খিনি ৰান্ধিব লাগে আৰু খাব লাগে। বৰ্তমান নয়নৰ মাকে  নয়নৰ বাবে এজনী উপযুক্ত পত্নীৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি এইবাৰ ছুটীত আহোঁঁতে মাকেই পছন্দ কৰা ছোৱালী জনীকে নয়নৰ বাবে বিয়া পাতি দিছে। অৱশ্যে ছোৱালী নয়নৰো পছন্দৰ। সকলো দিশতে পাৰ্গত নয়নৰ পত্নী ৰিচা হৈছে মনেৰে ধনী ছোৱালী।

         নয়নৰ নৱ-বিবাহিতা পত্নীয়ে বিয়াৰ প্ৰেজেণ্ট কিছুমান জাপি জাপি ৱাল আলমাৰীটোত ভৰাই আছে। তাই ৰাধা-কৃষ্ণৰ ফটোখন সিহঁতৰ বেডৰুমতে আঁৰি থৈছে। তাইৰ কামবোৰ বৰ আটোম-টোকাৰী। নিয়াৰিকৈ কৰে সকলো কাম। কামৰ মাজতে তাই লক্ষ্য কৰি আছে নয়নৰ মনটো যেন কিবা কথাত পিছলি আছে। সি যেন এইখন পৃথিৱীত নাই। কি হৈছে বাৰু নয়নৰ ? সুধিবলৈও তাইৰ মনে কোৱা নাই। তথাপি যিমানেই নহওক নিজৰ মানুহজন যেতিয়া তাই নয়নৰ উগুল-থুগুল হৈ থকা মনটোৰ বিষয়ে জনাটো দৰকাৰ। এবাৰত তাই নয়নৰ ওচৰ চাপি গৈছে আৰু কাষতে বহি লৈ সুধিছে।

: অথনিৰে পৰা মই লক্ষ্য কৰি আছোঁ। আপোনাৰ কিবা এটা হৈছে। মই জানিব পাৰোনে আপোনাৰ কি হৈছে ?

: নাই নাই। মোৰ একো হোৱা নাই। ভাগৰ ভাগৰ লাগিছে।সেয়েহে.....।

: এৰা । আপোনাৰ ভাগৰুৱা দেহটোৰ খবৰ নলৈ মই যে কি কামবোৰ উলিয়াই লৈছোঁ। ৰ'ব।সোনকালে ভাতকেইটা বঢ়াই দিওঁ। খাই অলপ জিৰাব পাৰিব।

     তাই পাকঘৰলৈ গ'ল। সোনকালে ৰন্ধা-বঢ়াৰ যোগাৰ কৰিলে। তাই বিয়া হৈ অহাৰ দিন ধৰি ৰান্ধনী ভোজ দিয়াৰ পাছত শাহুয়েকে ভাত ৰান্ধিব লগা হোৱা নাই। সকলো কাম বোৱাৰী ৰিচাই চম্ভালি লৈছে। এপাকত তাই ৰুমলৈ আহিল ৱাল আলমাৰীটো বন্ধ কৰিবলৈ পাহৰি যোৱা বুলি চাবলৈ। হঠাৎ আলমাৰীটোৰ কাষত থকা টিভি টেবুল খনৰ ওপৰত তাইৰ চকু পৰিল। টেবুল কাপোৰ খনৰ তলত এখন কাগজৰ আধা ওলাই আছে। তাই চাওঁ নাচাওঁকৈ কাগজ খন উলিয়াই আনিলে ।....এয়া কি ....? তাই হতভম্ব। নয়নৰ কলিং অফিচৰ পৰা। তাইৰ বুজিবলৈ বাকী নাথাকিল নয়নৰ মনত চলি থকা বিষাদৰ নৈ খনৰ ভাৰটোৰ কথা।তাই সাহসেৰে স্থিৰ হ'ল যদিও মনত এপাচি বেজাৰে আগুৰি ধৰিছে। দুপৰীয়া ভাতৰ যোগাৰ কৰিলে। শাহু, নয়ন আৰু বোৱাৰী ৰিচা তিনিও ভাত খাবলৈ বহিল একেলগে। উজাই আহিব ধৰা দুখবোৰ বুকুতে সাৱটি তাই নয়নক কৈ উঠিল।

: মই জানোঁ আপোনাৰ দুখৰ কাৰণ ? 

: কি জানা তুমি ?

: আপোনাক সীমান্তৰ যুদ্ধক্ষেত্ৰত প্ৰয়োজন হৈছে। আপোনাৰ চিঠিখন মই দেখিলোঁ।

: তুমি......?

: চাওক । আপুনি হৈছে এজন সাহসী জোৱান। এইখন ঘৰত যিদৰে এজনী বোৱাৰীৰ প্ৰয়োজন বুলি ভাবি আপুনি মোক বিয়া কৰাই আনিছে ঠিক সেইদৰে যুদ্ধক্ষেত্ৰটো আপোনাৰ প্ৰয়োজনীয়তাবোধ কৰি আপোনাক মাতি পঠিয়াইছে। এই সময়ত আপোনাক দেশৰ বাবে বহুত প্ৰয়োজন। গতিকে পলম নকৰি আপুনি যুদ্ধক্ষেত্ৰলৈ যাবলৈ সাজু হওক। পাণ্ডৱ, কৌৰৱ সকলোৱে জানো নিজৰ ঘৰসংসাৰ ত‍্যাগ কৰি মহাভাৰতৰ যুদ্ধত অংশ লোৱা নাছিল। আপুনিও সাংসাৰিক সুখ ত‍্যাগ কৰিব লাগিব।

       নয়নে একেথৰে পত্নী ৰিচাৰ মুখলৈ চাই থাকিল। তাইৰ কথাবোৰে যেন নয়নক আৰু সাহস বঢ়ালে। সি যেন ঘৰতে যুদ্ধ জয়ৰ বাতৰি পালে। শাহুয়েকে বোৱাৰী ৰিচাক কৈ উঠিল

: বোৱাৰী তুমি নয়নক যাবলৈ কৈছা  কিয় ?

: কৈছোঁ মা । তেওঁ যাবই লাগিব।

: কিয়  তোমাৰ বিবাহিত জীৱনৰ সুখতকৈ নয়নৰ যুদ্ধখন ডাঙৰ বুলি ভাবিলা ? তোমাৰ ইচ্ছা নাযায় নয়নক বুকুৰ মাজত ৰাখিবলৈ ? তোমাৰ ইচ্ছা নাযায় নয়নক লৈ সাতোৰঙী সপোন ৰচিবলৈ ? তোমাৰ ইচ্ছা নাযায় নয়নৰ সৈতে নীলিম আকাশৰ বুকুত নিশা তিৰবিৰাই থকা তৰা গণিবলৈ ?

: যায় । মোৰো বহুত মন যায়। সাতোৰঙী সপোন দেখা মোৰ দুচকুত অশ্ৰুৰ টোপাল জিলিকিলেও, মৰম নিগৰি অহা বুকুখনত বিষাদে জোৱাৰ তুলিলেও  মই এগৰাকী সৈনিকৰ পত্নী। সৈনিকৰ পত্নী হিচাপে মোৰ সৈনিক স্বামীৰ প্ৰতি দায়িত্ব যে তেওঁক তেওঁৰ কৰ্মত সাহসেৰে আগবাঢ়ি যোৱাত সহায় কৰা। 

     শাহুয়েকে বোৱাৰী ৰিচাক আৰু পুত্ৰক প্ৰাণভৰি আশীৰ্বাদ যাঁচিলে। ৰিচাৰ দৰে বোৱাৰী  যাতে সকলো  শাহু আৰু স্বামীৰ বাবে আদৰ্শ বোৱাৰী হৈ আহে এজোলোকা আশীৰ্বাদেৰে শাহুয়েকে চকুলো টুকিলে।

      ৰিচাই বুকু ফিন্দাই ক'বলৈ ধৰিলে," নয়ন তুমি সদায় মোৰ স্নিগ্ধ জোনাকৰ সাহসী সপোন হৈ ৰ'বা। তুমি মোৰ স্তব্ধ হৃদয়ৰ সাহসী স্পন্দন হৈ থাকিবা। তোমাৰ দৰে সাহসী সৈনিকৰ বিধৱা পত্নী হ'বলৈও মই অলপো ভয় নকৰোঁ। মই যদি সঁচাকৈয়ে সতী হওঁ তেন্তে তুমি মোৰ প্ৰাৰ্থনাৰ জোৰত কুশলে যুদ্ধক্ষেত্ৰৰ পৰা মোৰ ওচৰ পাবাহি। তোমাৰ বাবে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম।"

      নয়ন গ'লগৈ। সীমান্তত যুদ্ধ আৰম্ভ হ'ল।গাঁৱে-ভূঞে, নগৰে-চহৰে সকলোতে কেৱল যুদ্ধৰ আলোচনা। সকলো ব‍্যস্ত হৈ পৰিছে ৰেডিঅ, টিভিত বাতৰি লোৱাত। সকলোৰে মনত কৌতূহল শত্ৰু পক্ষক আমাৰ সৈন্যই পৰাজিত কৰিবই লাগিব । আমাৰ দেশৰ কোনো এটা অংশকে আমি লোকৰ হাতলৈ যাবলৈ নিদিওঁ। দেশবাসীৰ কাণত যেন অহৰহ বাজি উঠিছে বন্দুকৰ গুৰুম গুৰুম শব্দ।
হিচ হিচ বতাহত বাগৰি আহি এই শব্দই যেন সকলোকে জনাই থৈ গ'ল যুদ্ধ জয়ৰ বতৰা। আমাৰ সাহসী সৈনিকসকল কোনোগুণে কম নহয়। ঘৰ, পৰিয়াল সকলো ত‍্যাগ কৰি দেশ ৰক্ষাৰ নামত নিজৰ জীৱন উচৰ্গা কৰিবলৈ কুণ্ঠাবোধ নকৰা সৈনিকসকললৈ দেশবাসীৰ চালাম। মন্ত্ৰীৰ শুভেচ্ছাবাণী। কোটি কোটি জনতাৰ আশীষ শিৰত লৈ তেওঁলোকে যুদ্ধ কৰিছে। শত্ৰু পক্ষৰ পৰা অহা এজাঁই গুলীৰ প্ৰত‍্যুত্তৰ আমাৰ সৈনিকে জাউৰিয়ে জাউৰিয়ে দুগুণ উৎসাহেৰে বৰ্ষণ কৰিছে।

      নয়নে বীৰত্বৰে যুঁজিছে শত্ৰুৰ লগত । তাৰ গুলী বৰ্ষণত বহুতো শত্ৰু থকা সৰকা হৈছে।কেইবাজনো মৃত্যু মুখত পৰিছে। কিন্তু হঠাৎ এজাক যেন ক'লা ডাৱৰে আকাশ ছানি ধৰিছে। এই হেন আঘোণৰ শীতল সোণোৱালী দিনত ক'লা ডাৱৰ চপৰা অমংগলৰ চিন নহয়টো।ৰিচাই গোঁসাই ঘৰত বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছে নয়নক যেন আৰু সাহস দিয়ে ভগৱানে। তেওঁৰ একো নহয় যেন। কিন্তু.....? শত্ৰু পক্ষৰ গুলীত প্ৰচণ্ড চিৎকাৰ কৰি নয়ন ঢলি পৰিছে যুদ্ধক্ষেত্ৰত। টিভিৰ পৰ্দাত মুকলিকৈ দৃশ্যমান এই দৃশ্য। তথাপি নয়নৰ পত্নীয়ে সাহস হেৰুৱাব খোজা নাই। তাইহে ওলোটাই কান্দি-কাটি আউলী-বাউলি হৈ থকা শাহুয়েকক সান্তনা দিছে নয়নৰ একো হ'ব নোৱাৰে বুলি। অবাক শাহুয়েক । বোৱাৰীয়েকৰ ইমান অভাৰ কনফিডেঞ্চ দেখি। তাই নয়নৰ অফিচৰ লগত যোগাযোগ কৰিলে। অফিচৰ পৰা খবৰ আহিল নয়নে ভৰিত অলপ দুখ পাইছে। তেওঁলোকে চিকিৎসা কৰিছে। অলপ আৰোগ্য হ'লে ঘৰলৈ বিশ্ৰামৰ বাবে পঠিয়াই দিয়া হ'ব। ৰিচাৰ মুখত বিৰিঙি উঠিছে এটি সুখৰ হাঁহি। নয়ন আহিব । তাই নয়নৰ লগত সুখৰ নৈত সাঁতুৰি ইপাৰ-সিপাৰ হ'ব। তাই  নিজে গৌৰৱবোধ কৰিছে নয়নৰ পত্নী হ'বলৈ পায়। আকৌ গোঁসাই ঘৰলৈ তাই দৌৰ মাৰিলে । পুনৰ এগচি বন্তি জ্বলাই তাই ভগৱানৰ সন্মুখত ক'বলৈ ধৰিলে, "হে ভগৱান! তুমিয়েই ৰক্ষক তুমিয়েই পালক। তুমি মোৰ নয়নক সদায় সহায় কৰিবা ।তেওঁ যেন গোটেই জীৱন দেশবাসীৰ হকে কাম কৰি যোৱাত হেলা নকৰে।"  'তৰিলে দেশ মৰিলে স্বৰ্গ' এই বাণী  শিৰোধাৰ্য কৰি দেশবাসীৰ হকে জীৱন উচৰ্গা কৰিবলৈ কুণ্ঠাবোধ নকৰা নয়নলৈ পত্নী ৰিচাৰ কাতৰ আহ্বান...
"নয়ন তোমাৰ ভৰিৰ আঘাতৰ প্ৰতি টোপাল তেজৰ পৰা যেন নিৰ্গত হওক ৰক্তবীজৰ দৰে হেজাৰ হেজাৰ সাহসী সৈনিকৰ। তোমাৰ কাষত তোমাৰ সাহসী পত্নীয়ে সদায় ঢাল হৈ থিয় দিব।বহু মৰম আৰু আশাৰে তুমি অহালৈ বাট চাই ৰ'লো। তুমি অবিহনে মোৰ স্বপ্ন বিভোৰ উজাগৰী নিশাবোৰ অধীৰ হৈ পৰিছে। তোমাৰ উমাল বুকুত শুই আৱেগৰ লহৰ তোলা ভাৱনাও গভীৰ হৈ পৰিছে।" ৰিচাই কপালত আঁকি ল'লে আগতকৈও বেছি দগমগাই থকা এটা সেন্দুৰীয়া বেলি আৰু শিৰত বোলাই ল'লে দীঘলীয়াকৈ এডাল সেন্দুৰীয়া ৰেখা ।। জয় হিন্দ  কৰ্ণেল নয়ন দুৱৰা।।

প্ৰতিভা ভাগৱতী শৰ্মা
নগাঁও


পৃষ্ঠাঃ ৩৬

চুটি গল্পঃ

জীৱনৰ গতি
              
কোন সময়ত কেতিয়া কেনেকৈ আহি মানুহৰ জীৱনৰ গতিয়ে ইউ (U) টাৰ্ণ লয় কোনেও নাজানে। জীৱনত এনে বহুতো উদাহৰণ দেখিছে জীৱন ড্ৰাইভাৰে। ভাল মানুহ একোজনো বেয়া হয় আৰু বেয়া একোজন মানুহো ভাল হয়। ধনী লোক এজনো দৰিদ্ৰতাৰ কবলত পৰে অথচ অতি দৰিদ্ৰ জনো ধন কুবেৰ হয়। কেতিয়াবা শত্ৰুও মিত্ৰ হয় । আকৌ বিপৰীতে কেতিয়াবা দেখা যায় মিত্ৰ জনো হৈ পৰে শত্ৰু সদৃশ। মনৰ ইচ্ছাৰ বিপৰীতে বহু ক্ষেত্ৰত বহু কাম কৰিবলগীয়া হয়। ৰজাও কেতিয়াবা ভিক্ষাৰী হয় আৰু ভিক্ষাৰীও কৰ্মবলে- ভাগ্যবলে হ'ব পাৰে ৰজা সদৃশ। সেই ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা লিপিবদ্ধ ইতিহাসৰ চিত্ৰ বোৰ আজিৰ অতি আধুনিক যুগতো সত্য ৰূপে বিভিন্ন ধৰণেৰে প্ৰতিফলিত হৈ আছে। দস্যু ৰত্নাকৰ এদিন বাল্মিকী হৈছিল। দৰিদ্ৰ বিপ্ৰ সুদামা এদিন ধনে- জনে সম্পদশালী ব্যক্তি হৈ পৰিছিল। ভগৱান নাৰায়ণৰ পৰমভক্ত বৈকুণ্ঠৰ দ্বাৰ ৰখীয়া জয়- বিজয় তিনি জনমলৈ সেই ভগৱানৰে ঘোৰ শত্ৰু হৈ পৰিছিল। পাণ্ডৱৰ শুভ চিন্তক পৰম মিত্ৰ পিতামহ ভীষ্ম শত্ৰু ৰূপে পাণ্ডৱৰ বিৰুদ্ধেই যুদ্ধত অৱতীৰ্ণ হ'বলগীয়া হৈছিল। পৰম সুহৃদ ভাতৃদ্বয় বালী- সুগ্ৰীৱ হ'ব লগা হৈছিল পৰস্পৰৰ শত্ৰু। ভাগ্যৰ বিড়ম্বনাতে জ্যেষ্ঠ হৈও কুন্তীৰ পুত্ৰ কৰ্ণ হ'ব লগা হৈছিল ৰাধাৰ নন্দন। অতি সাধাৰণ অৱস্থাৰ পৰা ফ্ৰাঞ্চৰ সম্ৰাট হোৱা নেপোলিয়ন বোৰ্নাপাৰ্টৰ কথা নজনা মানুহ পৃথিৱীত নোলাব। অতি দৰ্পে হত লংকাৰ দৰে ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন আৰু জাৰ্মানীৰ একনায়কত্ববাদী ৰাষ্ট্ৰপতি হিটলাৰৰ কৰুণ পৰিণতি কোনে নাজানে। এইবোৰ সাধাৰণ উদাহৰণ। আমাৰ সৰু সৰু সমাজবোৰতো তেনেকুৱা অনেক উদাহৰণ দেখিবলৈ পোৱা যায়। পিছে দেখিলে কি হ'ব! আমি এতিয়াও ইতিহাসৰ পৰা একো শিকিব পৰা নাই। এইবোৰ ভাবি ভাবি আহি থাকোঁতে জীৱন ড্ৰাইভাৰে কেতিয়া নামবৰ হাবিখন পাৰ হৈ আহিল গমকে নাপালে। ৰঙাজান তিনি আলিত গাড়ী খন ৰখাই বিপদত পৰা পূৰ্বৰ তাৰ মালিকক নমাই ক'লে, ছাৰ যাব দেই। অণ্ঠ- কণ্ঠ শুকাই অহা মালিকে তেতিয়াহে দেখিলে এইতোচোন তেৱেঁই খেদি দিয়া জীৱন ড্ৰাইভাৰ।

লৱ কুমাৰ দত্ত
সম্পাদক, মইনা-বাৰ্তা।


পৃষ্ঠাঃ ৩৭

ৰেচিপিঃ

জিকাৰ চাটনি


সামগ্ৰী :-১)সৰু জিকা এটা বা দুটা ।
২)আদা এডোখৰ।
৩)নহৰু৫-৬ ফুটা ।
৪)যিকোনো টেঙা এফাল।
৫)জলকীয়া নিজৰ মতে ।
৬)নিমখ নিজৰ আন্দাজমতে ।
 প্ৰস্তুত প্ৰণালী:-
        কুমলীয়া জিকা এটা  বা দুটা সৰু সৰুকৈ কাটি লওক আৰু বাকী ওপৰত দিয়া সামগ্ৰীসমূহ একেলগে খুন্দি লওক তাৰ পাছত জিকা কিদুখৰ পিচি লৈ একেলগে মিহলি কৰি টেঙা চেপি দিয়ক আৰু ভাতৰ সৈতে পৰিৱেশন কৰক। ধন্যবাদ।।

শ্ৰী মুনমী গগৈ
জাঁজী, শিৱসাগৰ


পৃষ্ঠাঃ ৩৮
শিশু লেখাঃ

শৈশৱ, বনভোজ আৰু কিছুকথা

ৰাজশ্ৰী বৰা
গোলাঘাট

শৈশৱৰ এটা ভাল লগা স্মৃতি লৈ ফুৰে বনভোজে। শৈশৱত বনভোজ খোৱাৰ আমেজ কি সেয়া গাঁৱৰ ধূলি বালি চুই ডাঙৰ হোৱা সকলে জানে।
    বনভোজ শব্দটোৰ অৰ্থ বুজি পোৱাত আমাৰ কাৰো অসুবিধা নহয়। পথাৰৰ মাজত, মুকলি ঠাইত নতুবা পুৰণা বৰ পুখুৰীৰ পাৰৰ সুবিধাজনক ঠাইতে সকলো সৰু বৰ মিলি চুবুৰীৰ লোকসকলে ভোজ খায়। বিশেষকৈ এই ভোজৰ আয়োজন শিশুসকলে বেছি কৰে।ল'ৰালিৰ এটা বিশেষ স্মৃতি বৈ আছে বনভোজৰ বুকুত।এই ভোজৰ আয়োজনত সাধাৰণতে যি যেনেকৈ পাৰে তেনেকৈ সহায় কৰে। অৰ্থাৎ কোনোবাই যদি দহ, বিশ টকা দিয়ে আন কোনোবাই ঘৰৰ পাচলি অথবা দাইল, চাউল দিয়ে। এনেকৈ সমিলমিলে এসাজ খোৱা হয় বননিৰ মাজত, মুকলি আকাশৰ তলত। ৰান্ধি-বাঢ়ি সকলো খাই উঠি তাত থকা বাল্টিতে এডাল খৰিয়ে মাৰি বিশেষ শব্দ সৃষ্টি কৰি, ভালে বেয়াই গীত গুণগুণাই বিহু এপাকো নচা হৈছিল।এই সকলোবোৰত এক অবৰ্ণনীয় সুখানুভূতি আছিল। বনভোজৰ আনন্দৰ কথা মনত পৰিলে হৃদয় ভৰি পৰে।
    বনভোজ কেৱল ভোজ নহয়।ই সম্প্ৰতিৰ ভোজ। এই দৰে এসাজ খোৱাৰ ফলত আমাৰ মাজত একতা, সহানুভূতি,সহযোগিতা আদি গুণৰ বিকাশ ঘটে। শৈশৱত যেতিয়া শিশুসকলে এনকৈ মিলিজুলি ভাতৰ যোগান কৰিছিল, চুবুৰীটোৰ মানুহবোৰে লগে ভাগে খাবলৈ না ক'ব নোৱাৰিছিল। কাৰণ সেই ভোজৰ আয়োজনত তেওঁলোকৰ ল'ৰা ছোৱালীহঁতৰ মনৰ আশা আছিল। এই ভোজ গ্ৰহণৰ বাবে সকলোৱে লগে ভাগে আহি কৰি মেলি খাব লগীয়া হৈছিল। ফলত স্নেহ বাঢ়িছিল। মানুহবোৰৰ মাজত পৰস্পৰ বুজা বুজি হৈছিল। এতিয়া কিন্তু এই বনভোজ স্মৃতিৰ গহ্বৰত।
 বনভোজ কি এতিয়া ল'ৰা ছোৱালীয়ে নাজানে।এয়া বৰ্তমান গাঁঁৱৰ জীৱনৰ পৰাও হেৰাই গৈছে।গাঁঁৱৰ সেই সোণালী দিন এতিয়া হেৰাইছে। বহু গাঁঁৱতে বৰ্তমান গাঁঁৱৰ সৌন্দৰ্য নাইকীয়া হৈছে।সময়ৰ লগত জীৱন যাপন প্ৰণালী সলনি হোৱাৰ দৰে আমাৰ মনত সুখ দিয়া বহু কিবা কিবি এতিয়া অতীত হ'ল। আগৰ জীৱনৰ বহু কথা এতিয়া যেন সাধুকথা। বনভোজো একেই সাধুকথা সদৃশ হৈছে। দুই এখন গাঁঁৱতহে হয়তো আছে, এই ভোজ খোৱাৰ চখ। বৰ্তমান বনভোজ খাবলৈ পৰিয়াল সহ পিক‌্নিক বুলি চিনাক্ত হোৱা বিশেষ ঠাইবোৰত যায়।এই ঠাইবোৰত আপোন মানুহৰ লগতে এসাজ খোৱা হয় যদিও সেই চুবুৰীটোৰ সকলোৱে মিলিখোৱাৰ দৰে নিশ্চয় নহয়।
  এই বনভোজ শৈশৱত আমি ডিচেম্বৰ মাহৰপৰাই খোৱা আৰম্ভ কৰিছিলোঁ।এক জানুৱাৰীলৈকে  এই ভোজৰ আয়োজন হৈছিল ছেগা ছেৰেকাকৈ। অৰ্থাৎ আমি মিলি জুলি সকলোৱে দুই তিনিবাৰ এই সময়খিনিত আমিষ নিৰামিষ ভাগ কৰি ভোজ খাইছিলো। সঁচাই সেই খাদ্য অমৃত।শৈশৱত এনেকৈ ভোজৰ আয়োজন কৰাটোৱে মহাসুখৰ কথা আছিল।এতিয়া এইবোৰ মাথোঁ ভাল লগা স্মৃতি।আজিৰ শিশুৱে নিজৰ সীমাৰ বাহিৰত গৈ কি আছে চাবলৈ সুবিধা ক'ত পায়? অনবৰতে সিহঁতক আমি ব্যস্ত কৰিয়ে ৰাখিব বিচাৰো।এই ব্যস্ততা সিহঁতৰ ভৱিষ্যত সুন্দৰ কৰাৰ নামতে দিওঁ।সৰুৰে পৰা সিহঁতক এটা নিৰ্দিষ্ট বাটেৰে লৈ যোৱাটো আমাৰ সপোন, এই সপোনৰ তাগিদাত সিহঁতে মুকলি পথাৰ,আকাশ এই সকলোবোৰ চোৱাৰ সুবিধা নাপায়। এনে ক্ষেত্ৰত বনভোজ দূৰৈৰ কথা।এনে শৈশৱ এতিয়া গাৱৰ শিশুসকলৰো। গাঁও,নগৰ সকলোতে এতিয়া প্ৰতিযোগিতাই দৌৰি আছে,গতিকে অভিভাৱকে শিশুক দৌৰাব লাগিবই।বাৰু!এইবোৰ সময়ৰ পৰিৱৰ্তন। এটা কথা ক'ব বিচাৰিছোঁ যে সময় সলনি হৈ গৈ থাকিব,সলনি হ'ব আমাৰ জীৱন শৈল্যী।তথাপি পুৰণি গাৱৰ জীৱনৰ মাদকতা আজীৱনে সুখৰ হৈ ৰব।কাৰণ সেই জীৱন অকৃত্ৰিম ,তাত শৈশৱৰ প্ৰকৃত সুখ লুকাই আছে।শৈশৱ জীৱনৰ আটাইতকৈ মধুৰ সময়,এই কথা আমি আজি উপলব্ধি কৰিছোঁ।আমাৰ শিশু সকলে কিন্তু আমাৰ দৰে শৈশৱৰ সুখ বুটলিবলৈ পোৱা‌নাই।এই ক্ষেত্ৰত আমাৰ কৰণীয় আছে।আমি আমাৰ শিশুক যান্ত্ৰিকতাৰ পৰা পৰাপক্ষত আঁতৰাবলৈ প্ৰয়াস কৰিব লাগে।আমাৰ নিজৰ শিপাডাল থকা গাৱখনলৈ সময় মিলাই নিব লাগে। সিহঁতক খেলাধূলা কৰিবলৈ সুবিধা দিব লাগে।বনভোজ নহ'লেও বন্ধু বৰ্গৰ লগত মিলিজুলি খোৱাৰ স্বভাব গঢ় দিয়াত আগভাগ লব লাগে। ভাল সংগত থাকি  সময় অতিবাহিত কৰিলে জীৱনে বহু স্মৃতি দি থৈ যায়।নিজৰ মাজতে পৃথিৱীৰ সীমা খোদিত কৰিলে কিন্তু কেৱল নিৰাশ হয়।সেয়ে আমি সময় থাকোতে আমাৰ শিশুক সুখ থকা কাম কৰিব দিব লাগে।পাৰিলে এখন অকৃত্ৰিম পৃথিৱী উপহাৰ দিব লাগে।


পৃষ্ঠাঃ ৩৯

শিশু লেখাঃ

ঋষি ভৃগুমুনিৰ সর্বশ্ৰেষ্ঠ দেৱতাৰ পৰীক্ষা
(শিশু উপযোগী ভাগৱতৰ কাহিনী)

অজয় বৰুৱা
দৰং, ৯৭০৭৭৩০৪২৭ ।

          সৰস্বতী নদীৰ পাৰত হোৱা বিৰাট যজ্ঞ অনুষ্ঠানত দূৰ-দূৰণিৰ পৰা অহা ঋষি-মুনি সকলে যাগ-যজ্ঞৰ লগতে নানা আলোচনা-বিলোচনা আৰম্ভ কৰিলে। অপৰিসীম সাধনা কৰা আৰু জ্ঞানেৰে পৰিপুষ্ট ঋষি সকল সদায় এক দুদুল্য ভাৱত থাকে। সেই আলোচনাত বিশেষ ভাৱে স্থান পালে কোনবোৰ কৰ্ম সুমংগল বা কোনবোৰ কৰ্ম বিমংগল লগতে আন এক প্ৰশ্ন উত্থাপন হ'ল যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনি দেৱতাৰ কোনজন সর্বশ্রষ্ঠ দেৱতা। অৰ্থাৎ কোনজন ঈশ্বৰ মহা সন্ত কৃপাশীল, অতিশয় গুণৱন্ত আৰু বিশেষভাৱে ভজনীয় সৰ্বোত্তম ‌ঈশ্বৰ। আলোচনাত কোনো সঠিক সিদ্ধান্ত লৱ নোৱাৰি, কোনেও মনৰ সংশয় দূৰ কৰিব নোৱাৰি শেষত এক পৰীক্ষা লোৱাৰ কথা ভাবিলে। এই পৰীক্ষা সমস্ত দায়িত্ব ভাৰ দিয়া হ'ল সাহসীমুনি ব্রহ্মাৰ পুত্ৰ ভৃগুমুনিক। ভৃগুমুনিক তিনিওজনৰ ওচৰলৈ গৈ কোনজন মহা মহেশ্বৰ তথা মহাশ্রেষ্ঠ ‌ঈশ্বৰ তাক সঠিককৈ জানি তেওঁলোকক জনাবলৈ দিলে। অৰ্থাৎ সিদ্ধান্ত কৰিবলৈ সকলো ‌‌ঋষিয়ে ভৃগুমুনিক কতৃত্ব প্ৰদান কৰিলে।ঋষিসকলৰ অনুৰোধ ৰক্ষার্থে ভৃগুমুনি পোন প্ৰথমে তেখেতৰ পিতৃ ব্রহ্মাৰ ওচৰলৈ গ'ল।পিতৃয়ে যোগাসন কৰি আছিল। আনকালে গৈয়ে স-ভক্তিৰে পিতৃদেৱক সেৱা-প্রার্থনা কৰা ভৃগুমুনিয়ে কোনো ধৰণৰ সৌজন্যতাবোধ নেদেখুৱাই মহাগর্ব্বৰে মনে মনে ৰৈ থাকিল। ব্রহ্মাই পুতেকৰ পৰা এনে আচৰণত লজ্জিত আৰু ক্ৰোধান্বিত হ'ল। নিজ পুতেকক 'দুষ্ট-নিলাজ' বুলি গালি-গালাজ পাৰিলে। ব্রহ্মাৰ ক্রোধিত ৰূপ দেখি ভৃগুমনি পলাই পত্ৰং দিলে আৰু কৈলাস পৰ্বত অভিমুখে ৰাওনা হ'ল। য'ত মহেশ্বৰে পত্নী পার্ব্বতীৰ সৈতে একেলগে আছিল।  ভৃগুমুনিক দেখাৰ লগে লগে শিৱ-পার্ব্বতীয়ে ভৃগু আলিংগন কৰিবলৈ হাত মেলি দিলে।কিন্তু শিৱক পৰীক্ষা কৰা উদ্দেশ্যে ভৃগু‌ই তেনে কৰাৰ পৰা বিৰত কৰি আৰু অৱজ্ঞা কৰি মনে মনে থিয় দি থাকিল।   অকল সেয়াই নহয় শিৱক পগলা, শ্মশানবাসী, ভূত-প্রেতৰ সহচৰ আদি গালি-গালাচ পাৰিব ধৰিলে। ভৃগুমুনিৰ কাৰ্যত শিৱ ক্ৰোধান্বিত হৈ গালি পাৰি আৰু ত্ৰিশূল লৈ মাৰিবলৈ খেদি গ'ল। "পিশাচৰ বেশ দেখি ত‌ই মোক নীচ বুলি ভাবি সম্ভাষণ নকৰি বৰ ডাঙৰ ঋষি হৈ দেখুৱাইছ, ৰহ' তোক আজি ম‌ই গর্ব্বচূর্ণ কৰি শেষ কৰিয়েই পেলাম। " পার্বতীয়ে মধ্যস্থতা কৰি শিৱক বুজালে " প্ৰভু দিগম্বৰ ,বিপাক বধ কৰাটো উচিত নহ'ব। গতিকে হে' ত্রিপুৰাৰি আশুতোষ আপুনি তেওঁক ক্ষমা কৰক। " শেষত তিনিবাৰ শিৱ ক্ষান্ত, সাম্য হ'ল আৰু ভৃগুমুনিয়েও পলাই পত্ৰং দি প্রাণটো বচালে। 
       এইবাৰ ভৃগুমুনি বৈকুন্ঠধাম পালেগৈ য'ত বিষ্ণু আৰু লক্ষীৰ সৈতে অন্তেষ -পুৰত শুই আছিল। ভৃগুমুনিয়ে পৰীক্ষা কৰা উদ্দেশ্যে কোনেও নেদেখাকৈ গৈ অন্তষপুৰত প্ৰবেশ কৰি হঠাৎ সজোৰে বিষ্ণুৰ বুকুত পদাঘাত কৰিলে।ভৃগুমুনিৰ এনে কাৰ্যত কোনো ধৰণৰ ভাবান্তৰ নঘটাই প্ৰভু বিষ্ণুৱে শয্যাত পৰি থকাৰ পৰা উঠি তেওঁৰ চৰণত প্ৰণাম কৰিলে আৰু আথে-বেথে যথাযোগ্য অভ্যর্থনা কৰি কবলৈ ধৰিলে "হে মুনিবৰ তুমি কেতিয়া আহি পালা নাজানিলো। আমাৰ দোষ ক্ষমা কৰা প্ৰভু। অতদূৰ আহি মোৰ ব্রজময় এই কঠিন বুকুত পদাঘাত কৰোতে আপোনাৰ কোমল চৰণখনে কষ্ট পালে। তোমাৰ পাদোদকে তীর্থকো পবিত্ৰ কৰা কথাটো কোনো বিচিত্ৰ নহয়। গতিকে তোমাৰ এনেহেন পৱিত্ৰ পাদোদকেৰে মোক পৱিত্র কৰি দায়দোষবোৰ ধুৱাই নিলা। তোমাৰ পদধূলাই মোৰ পাপবোৰ দূৰ কৰি দিলে। তোমাৰ পদৰ চিন বহি যোৱা মোৰ বক্ষত মহালক্ষীয়ে লাভ কৰি সম্ভৱ আজিৰে পৰা আৰু কেতিয়াও মোক এৰি নাযাব। এই পদাঘাতৰ চিহ্ন চিৰকালৰ বাবে মোৰ বক্ষত স্থায়ী চিহ্ন হৈ থাকি যাব।" ইয়াৰ পিছত কৃষ্ণই মুনিৰ দুখপোৱা ভৰিখন লাহে লাহে পিটিকিবলৈ ধৰিলে। 
     কৃষ্ণৰ বিপ্রৰ প্ৰতি থকা ভকতি, মধুৰ আচৰণ, বচন আদিয়ে ভৃগুমুনিক অতি বিস্মিত কৰি পেলালে। মহা হর্ষানন্দত চকুৰ পৰা ভক্তিপ্রেমৰ অশ্রুজল ববলৈ ধৰিলে। আনন্দত মুখৰ পৰা মাত নোলোৱা হৈ পৰিল। তেওঁ মনে মনে ভাবিলে এইজনা প্ৰভু ভগৱন্তহে বিপ্রসকলৰ পৰম আৰাধ্য দেৱতা। জনমে-মৰণে এওঁৰ চৰণ চুমি সুদৃঢ়ভাৱে সেৱা-ভকতি কৰি থকা উচিত। এইবুলি চিন্তা কৰি তেওঁ তেওঁৰ ভৰিখনৰ পৰা কৃষ্ণৰ হাতখন আঁতৰাই দিলে আৰু পৰম আনন্দ মনেৰে গুচি আহিল। তে‌ওঁৰ শ্ৰেষ্ঠ দেৱতাৰ পৰীক্ষা লোৱা হৈ গ'ল। তিনি দেৱতাক পৰীক্ষা কৰি ভৃগুমুনি ঋষিসমাজক সকলো বৃত্তান্ত প্ৰকাশ কৰি নিজৰ সিদ্ধান্ত বেকত কৰিলে। তেওঁ কলে পিতৃ হ'লেও ব্ৰহ্মাৰ বৰ ক্ৰোধ অতি ভয়ংকৰ। লগতে আপোনভোলা শিৱৰো।দুয়োৱে খঙত হিতাহিত জ্ঞান হেৰুৱাই পেলাই।মোক দুয়োৱে খঙৰ ভমকত বধ কৰিবলৈ খুজিছিল। কিন্তু কৃষ্ণৰ বুকুত পদাঘাত কৰাৰ পিছতো তেওঁ মোক মহা ভকতি-সৎকাৰহে কৰিলে। সেয়ে তেওঁৰ সিদ্ধান্ত তিনি দেৱতাৰ ভিতৰত বিষ্ণু হ'ল পৰম শ্ৰেষ্ঠ দেৱতা। তে‌ওঁৰ বাহিৰে ভজনা কৰিবলৈ সংসাৰত আৰু আন শ্ৰেষ্ঠ দেৱতা নাই। হৰিক ভজিলে অপৰাধ কৰিলেও সহজে ক্ষমা পাব পাৰি। ভৃগুমুনিৰ সকলো কথা শুনাৰ পিছত সকলো মুনিৰ সন্দেহমুক্ত হ'ল আৰু তেওঁৰ সিদ্ধান্তকেই সত্য, শুদ্ধ বুলি মানি ল'লে।মুনিসবে বিশেষ নিষ্ঠা আৰু নিশ্চয়তাৰে ঈশ্বৰ শ্ৰেষ্ঠ ভগৱন্ত কৃষ্ণক একনিষ্ঠতাৰে ভজিবলৈ ধৰিলে। 
      প্রকৃতার্থত সহ্যশক্তি যাৰবেছি সর্বশ্রেষ্ঠ‌ও সেইজনেই। পৰীক্ষাৰ পিছৰে পৰা সেয়ে মুনিসৱে কৃষ্ণৰ চৰণ ভজি পৰম উপাস্য দেৱতা স্বৰূপে জ্ঞান কৰি তেওঁতেই মন-প্রাণ সপি দিলে।




পৃষ্ঠাঃ ৪০
শেষ পৃষ্ঠাৰ লেখাঃ

ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়

ভাৰতবৰ্ষৰ সকলো ঠাইতে থকা শক্তিপীঠ আৰু শিৱধাম সমূহৰ প্ৰতিষ্ঠাৰ একো-একোটা পৌৰাণিক কাহিনী বা জনশ্ৰুতি আছে। সতীৰ দেহত্যাগৰ পিছত শিৱই সতীৰ শৰীৰ কান্ধত তুলি যেতিয়া ঘূৰি ফুৰিছিল, তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰয়ে সতীৰ দেহটো কাটি কাটি মাটিত পেলাইছিল। সতীৰ দেহৰ অংগ পৰা সেই ঠাইসমূহত শক্তিপীঠ আৰু শিৱই জিৰোৱা ঠাইসমূহত শৱধাম গঢ়ি উঠিছিল। ডুবিৰ দুৰ্বলা গিৰিত শৱই জিৰাইছিল বাবে পৰিহৰেশ্বৰ দেৱালয় গঢ়ি উঠিছিল বুলি জনশ্ৰুতি আছে।

শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় [1] হৈছে অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ত্ব আৰু গৰিমা বহন কৰি আহিছে। অসমৰ পুৰাতত্ত্ব আৰু ইতিহাস, এই দেৱালয়খনৰ সৈতে গভীৰভাৱে প্ৰযুক্ত আৰু ই অসমৰ এক গৌৰৱময় কীৰ্তিস্তম্ভ।

শ্ৰীশ্ৰী পৰিহৰেশ্বৰ দেৱালয়ৰ পাইক প্ৰথা অনুসৰি স্বৰ্গদেউ শিৱসিংহৰ দিনৰে পৰা এই দেৱালয়ত তিনি প্ৰহৰে দেৱদাসী নৃত্য প্ৰদৰ্শন কৰা হৈছিল। অৱশ্যে এই পূৰ্বৰে পৰা চলি অহা জনপ্ৰবাদ মতে, ডুবি দেৱালয়ত দেৱদাসী নৃত্য এই সময়ছোৱাৰ বহু আগৰেপৰা প্ৰচলিত হৈ আছিল। 


পৰিণীতা কলিতা
টিহু,নলবাৰী
ফোন:৯১২৭৫৬৪১২৪



পৃষ্ঠাঃ ৪১
বেটুপাত ৪ঃ



Post a Comment

0 Comments