অঙ্গন (১ জানুৱাৰী ২০২১)

বেটুপাতঃ ১





পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 জানুৱাৰী, 2021

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
নৱবৰ্ষৰ প্ৰথম দিনটো

২/ প্ৰৱন্ধ:
ক/ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতাত দেশপ্ৰেমৰ নিদৰ্শন ( ৰূপা বৰা দাস)
খ/ পৰিবৰ্তনৰ কুচকাবাজ ( চক্ৰৱৰ্তী অলকেশ)
গ/ যোগৰ ঐতিহাসিক পটভূমি আৰু আধুনিক জীৱনত যোগ চৰ্চাৰ প্ৰয়োজনীয়তা ( অমৃত শইকীয়া)

৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ধুমুহাই ভঙা সপোন (দুৰ্গেশ্বৰ শইকীয়া)
খ/ অভিশ্ৰুতি (চয়নিকা বৰুৱা)
গ/ পথভ্ৰষ্ট ডিম্বাণু (ধাৰাবাহিক গল্প) (বাস্তৱ বৰা)

৪/ অণুগল্পঃ
ক/ অনুতপ্ত ( হেমা চৌধুৰী গগৈ)
খ/ চৰিত্ৰহীন ( ঝৰ্ণালী শৰ্মা বৰকটকী)
গ/ কন্যাসন্তান ( চম্পা দাস দুৱৰা)

৫/ চুটিগল্পঃ
ক/  তৃপ্তিৰ এসাজ ( মিনাক্ষী গগৈ)
খ/ অনাধিকাৰ ( আদৃতা শিৱম)

৬/ অনুবাদ কবিতাঃ
ক। নতুন বছৰ (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ 'New year' by Sandra Hearth
খ/ ডেফ'ডিলছ (অনুবাদঃ তৰুণ চন্দ্ৰ নাথ)
মূলঃ The Daffodils by William Wordsworth
গ/ অন্য চহৰত (অনুবাদঃ প্ৰাঞ্জল কুমাৰ লাহন)
মূলঃ হিন্দী কেদাৰনাথ সিং
ঘ/  সেই সপোনবোৰ( অনুবাদঃ বাসুদেৱ দাস)
মূল বাংলাঃ সুনীল  

৭/কবিতাঃ
ক/ জুই  (দূষ্যন্ত এম বৰুৱা)
খ/ কবিতা (যোগল সন্দিকৈ)
গ/ সপোন (বুধেন কোঁৱৰ)
ঘ/ শগুণ ( গৌৰৱ বৰুৱা)
ঙ/ হিৰণ্ময় সময় (দীপালী শইকীয়া গগৈ)
চ/ কৃষ্ণৰ দুখ (মামণি ডেকা)
ছ/ সবিনয় বিনীত নিবেদন (ৰেখা বৰকটকী)
জ/ আশাভৰা জীৱনৰ বৰ্ণিল অধ্যায় (মৌচুমী কলিতা নাথ)
ঝ/ ঊনত্ৰিশ জুলাই (গায়ত্ৰী দেৱী বৰঠাকুৰ)
ঞ/ নৱবৰ্ষৰ আগমন (নিবেদিতা দাস দত্ত)
ট/ বাঁহী (বনজিত তালুকদাৰ)
ঠ/ কবিৰ প্ৰতি এসাগৰ প্ৰেম  ( অসমা তুংখঙীয়া)

৮/ অনুভৱঃ
ক/ ব্যক্তিত্ব ( পূৰ্ণিমা বৰুৱা)
খ/ জীৱন কি ? (বিব্ৰত অনুপল মৰাণ)

৯/ ভ্ৰমণ কাহিনীঃ
মোৰ ভ্ৰমণ ডায়েৰীঃ ৯ গোৱা (শৰ্মীষ্ঠা বৰ্মন)

১০/ নীলা খামৰ চিঠিঃ
ৰিতু ভঁৰালী

১১/ গল্পঃ
ক/ মুক্ত বিহঙ্গ (ৰীপা দোলাকাষৰীয়া)
খ/ নাঙল ( হজৰত আলী)

১২/ ৰেচিপিঃ ছেৱা দিয়া (মুনমী গগৈ)

১৩/ শিশু সাহিত্যঃ
ক/জীৱনৰ বাবে জ্ঞান (ৰাজশ্ৰী বৰা)
খ/অভিভাৱকৰ ব্যস্ততা আৰু আন্তৰিকতাহীনতাৰ বাবে শিশু এটি অকলসৰীয়া আৰু যান্ত্ৰিক হৈ পৰে (অজয় বৰুৱা)

১৪/ শিশু কবিতাঃ 
 মৌমাখি (আমিৰ হুচেইন আহমেদ)

১৫/ নিৱন্ধঃ শিশুৰ অধিকাৰৰ সম্পৰ্কে কিছু ধাৰণা (অঞ্জনা উজীৰ)

১৬/ নৱবৰ্ষ বিশেষঃ অৰ্চনা শইকীয়া

১৭/ শেষ পৃষ্ঠাৰ লেখাঃ হাইকুৰ বিষয়ে সংক্ষেপতে 
মঞ্জিত হাজৰিকা



পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  Nituspriya আৰু Ayeshajiya, যোৰহাট।
ফটোঃ মিন্টু ভঁৰালী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।

বিশেষ ঘোষণাঃ
পষেকীয়া ই-আলোচনী অঙ্গন আৰু মাহেকীয়া শিশু আলোচনী অকণিৰ অংকুৰণৰ প্ৰকাশক অংকুৰণ প্ৰকাশনৰ পৰা প্ৰকাশ পাবলগীয়া ২০২১ বৰ্ষৰ কেলেণ্ডাৰৰ বাবে ফটো বিচৰা হৈছে। আগ্ৰহী সকলে শীঘ্ৰে 8638310699 নম্বৰত যোগাযোগ কৰক।


পৃষ্ঠা ৫
সম্পাদকীয়

নতুন বছৰৰ প্ৰথম দিনটো

এটা কথা অপ্ৰিয় সত্য যে আমি লাহে লাহে প্ৰয়োজনতকৈ বেছি সামাজিক মাধ্যম নিৰ্ভৰশীল হৈ পৰিছোঁ। ই এটা জাতিৰ বাবে শুভ লক্ষণ নে অশুভ লক্ষণ এয়া সময়ে বিচাৰ কৰিব। মানুহে জন্মগতভাৱেই আত্মপ্ৰচাৰ কৰি ভাল পায়, ইয়াত নতুনত্ব একো নাই। কিন্তু এই আত্মপ্ৰচাৰ কেতিয়াবা ইমানেই নিম্নমানৰ হয় যে দৰ্শকসকলে হাঁহিত বাগৰি নপৰাকৈ নাথাকে। সদায়ে সুন্দৰ সুন্দৰ লেখনিৰে আমাৰ মন প্ৰাণ ভৰাই ৰখা ছাৰ অথবা বাইদেউ গৰাকীয়ে যেতিয়া পেটৰ বিষ, ভৰিৰ বিষ, দাঁতৰ বিষৰ খবৰটো সামাজিক মাধ্যমত সকলোকে জনাই দিয়ে তেতিয়া আমাৰ দৰে দৰ্শক সকলৰ চকু কপালত উঠে। অৱশ্যে যদি সামাজিক মাধ্যমত এইবোৰ লিখিলে কাৰোবাৰ বিষ নিৰাময় হয় তেন্তে আমাৰ ক'বলগীয়া একো নাই। ই এটা সৰু উদাহৰণহে।

আজি ২০২১ বৰ্ষৰ প্ৰথম দিন। সামাজিক মাধ্যমৰ বেৰবোৰ (wall) ইতিমধ্যে নতুন বছৰৰ শুভেচ্ছাৰে ভৰি পৰিছে। ইমানেই শুভেচ্ছা, ইমানেই শুভেচ্ছা যে এই কেইদিন আপুনি মই বেলেগ কথা ভৱাৰো অৱকাশ নাই। সকলোৰে অতিমাত্ৰা বেয়া। ইমানবোৰ নিভাঁজ শুভেচ্ছাই আমাৰ মনতো প্ৰতিক্ৰিয়া নকৰাকৈ নাথাকে। ভাবি আচৰিত লাগে্- ফ'ন কৰি দুআষাৰ মনৰ কথা পাতি নতুন বছৰটোৰ শুভেচ্ছা দিবলৈও যেন কাৰোৱেই আহৰি নাই। আমি কলেজত পঢ়ি থকা দিনত ডিচেম্বৰ মাহৰ পৰাই কিতাপৰ দোকানত গ্ৰীটিংছ কাৰ্ড উপলব্ধ হৈছিল। আমি সেইবোৰ ক্ৰয় কৰি সৰ্ম্পকীয় আৰু আপোনবোৰলৈ দুটিমান বাক্য লিখি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ। কোনোবাই এনে কাৰ্ড আমাক দিলে নথৈ আনিন্দত হৈছিলো। এনে কাৰ্ডবোৰ আমি বাকচত ভৰাই সাঁচি ৰাখিছিলোঁ আৰু মাজে সময়ে সেইবোৰ উলিয়াই পঢ়িছিলোঁ। ই আমাৰ প্ৰেৰণা হৈ ৰৈছিল। কিন্তু আজিৰ সামাজিক মাধমে সমূহে এই অনুভৱ নিমিষতে ধূলিত্সা কৰি পেলালে। একাংশই কোনে কিমান শুভেচ্ছা পালে তাৰ স্ক্ৰীণশ্বট মাৰি জনপ্ৰিয়তাৰ প্ৰতিযোগিতাত নামিল। নতুন চামটোৱে ভাবিলে যে এনেদৰেই নতুন বছৰে পাতনি মেলে।

ভাবিলে আচৰিত লাগে যে কোনোবা উদ্যোগপতিয়ে বিজ্ঞাপনৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰাৰ খাতিৰত মানুহক একত্ৰিত কৰাৰ কৌশল হিচাপে মানুহৰ আত্মপ্ৰচাৰৰ বাসনাৰ সুবিধা ল'লে আৰু আমি তাত সকলোৱে উবুৰি খাই পৰিলোঁ। আনকি ব্যক্তি এজনৰ গোপনীয় দিশটোকো সামাজিক মাধমে নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰাৰ পাছতো দেশৰ চৰকাৰে নীৰৱ ভূমিকা পালন কৰিলে। আমি সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সামাজিক মাধ্যমে আমাক ব্যৱহাৰ কৰিবলৈ ল'লে।

অলপতে বিশিষ্ট লেখক চেতন ভগতে ভাৰতীয় যুৱ সম্প্ৰদায়লৈ এখন মুকলি চিঠি যোগে আবেদন জনাই কৈছে,-- স্মাৰ্ট ফোনটো দলিয়াই পেলোৱা, সেইটোৱে তোমাক ধ্বংস কৰিব। (The 4 Gotten Generation, The Times of India, 24-10-20)। কথাষাৰ চিন্তনীয়। সিদ্ধান্ত আমাৰ। এনে জটিল সন্ধিক্ষণত আমি কোন দিশে গতি কৰিম এয়া আমি নিজেই নিৰ্ধাৰণ কৰিব লাগিব।

এতিয়া আহিছোঁ আজিৰ দিনটোৰ প্ৰসংগলৈ। মানুহ মাত্ৰেই সকলোৱে ভুল কৰে। পিছে বিজ্ঞজনে ভুলৰ পুনৰাবৃত্তি নকৰে। বিজ্ঞজনে ভুলৰ পৰা শিকে আৰু সিদ্ধান্ত লয়। সেয়েহে নতুন বছৰটোৰ পহিলা সপ্তাহটোত বিশেষভাৱে আমি আত্মসমলোচনা কৰা উচিত। আমি নিজকে প্ৰশ্ন কৰা উচিত যে আমি বিগত বৰ্ষত কি কি ভুল কৰিলোঁ, এই ভুলৰ কিদৰে আমি শুধৰণি কৰিম! একেদৰে এই সপ্তাহতেই আমি কিছুমান লক্ষ্যও (Goal) নিৰ্দ্ধাৰণ কৰিব পাৰোঁ যিবোৰ লক্ষ্যত উপনীত হ'ব পাৰিলে নিজৰ লগতে আন দহজনৰো আমি উপকাৰ সাধিব পাৰিম।

শেষত, পষেকীয়া ই আলোচনী অঙ্গনৰ লগতে মাহেকীয়া শিশু আলোচনী অকণিৰ অংকুৰণ, অংকুৰণ প্ৰকাশনৰ তৰফৰ পৰা সদৌটিলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো কুশলে থাকক, মনৰ জোখাৰে সকলো সুখী হওঁক।

হেমেন নাথ

মুখ্য সম্পাদক, অঙ্গন


পৃষ্ঠা ৬
প্ৰৱন্ধঃ

জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতাত দেশপ্ৰেমৰ  নিদৰ্শন

ৰূপা বৰা দাস 
কাকী হোজাই জিলা 
7002160926

নতুন পৃথিৱীত  নতুন দিগন্তৰ সূচনা কৰা  সৌন্দৰ্য্যৰ পূজাৰী  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতাৰ আকুল আহ্বান  জনতাৰ  আহ্বান হৈ পৰিছে । কবি হৈ পৰিছে  জনতাৰ কবি  বিশ্ব কবি।  জ্যোতি প্ৰসাদ আছিল সৰল, হোজা, জনসাধাৰণৰ  পথ প্ৰদৰ্শক  আদৰ্শস্বৰূপ প্ৰেৰণাদাতা। অসমীয়া সংস্কৃতিৰ হেঙুল হাইতাল  বোলাই  আধুনিকতাৰ পৰশেৰে আলোকিত কৰি তোলা চিৰসুন্দৰৰ অক্লান্ত সাধক  জ্যোতিপ্ৰসাদ আগৰৱালা আজিও  অসমীয়াৰ  অতীত বৰ্তমান আৰু সু-উজ্জ্বল ভবিষ্যতৰ  সংযোগ সেতু।
        জ্যোতিপ্ৰসাদ  ৰূপৰ কোৱঁৰ সুন্দৰৰ সাধক সেয়ে  তেওঁৰ  কাব্য  প্ৰতিভা ৰচিত  হ'ল।
                 সুন্দৰযে  ফুলাৰ মন্ত্ৰ
                     অহোৰাত্ৰি মাতে                                  
               সেইহে আজি ইমান ফুল 
                      প্ৰভাতে প্ৰভাতে ।।

 সুন্দৰৰ  আৰাধনা কৰা ৰূপান্তৰত  আস্থা  ৰখা  জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতাত বিপ্লৱী আদৰ্শৰ  যুগপৎ  প্ৰকাশ ঘটিছে। মহাত্মা গান্ধীৰ অহিংস গণ আন্দোলনে  পৰাধীন অসমৰ  সন্তান  জ্যোতিপ্ৰসাদক  বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল । লিখি উলিয়ালে  অনেক  প্ৰগতিশীল কবিতা । ৰোমান্টিকতাৰ মেৰঘৰ  ভাঙিচিঙি  বিপ্লৱী মনিষাৰে তেওঁৰ কলমেৰে  নিগৰিত হ'ল  বিপ্লৱৰ  সুৰ।অসমৰ  ডেকা  শক্তিক  জাগ্ৰত কৰি স্বাধীনতা ঘূৰাই  অনাৰ বাবে  লিখিলে।
           "  সিংহৰ  পোৱালি তই
             নবীন অসমীয়া 
        সুঘোষিত কৰ তোৰ অধিকাৰবাদ 
            বিপ্লৱী তুৰ্য নিচান ।"

পৰাধীনতাৰ  শিকলি চিঙিবলৈ  জাতীয়তাবাদী  বিপ্লৱী চেতনাক উদ্বুদ্ধ কৰিবলৈ  আহোমৰ  সেনাপতি  লাচিতৰ  শৌৰ্য বীৰ্য্য এনেকৈ  কবিতাত লিখিলে।
        "সৌৱা শৰাইঘাট প্ৰশন্ন নিমাত 
           নিমাত/নিমাত ? নহয় নিমাত 
            দেশ ৰাখ দেশ ৰাখ বুলি 
              উঠে শুন অৰ্বুদ মাত।"

 জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে  ব্ৰিটিছ শাসনৰ বিৰুদ্ধে  লগতে  গা কৰি উঠা  দেশীয় সুবিধাবাদী  শ্ৰেণীটোৰ বিৰুদ্ধে মনৰ বিপ্লৱ  বিপ্লৱী কবিতাৰে  জেহাদ ঘোষণা কৰিছিল ।জনতাক শোষণ আৰু প্ৰবঞ্চনা কৰি আত্মস্বাৰ্থ পূৰণ কৰা শ্ৰেণীৰ  বিৰুদ্ধে তেওঁ গৰজি উঠিছিল এনেকৈ 

             "সুবিধাবাদী দল
        তোৰ মিছা হ'ব কৌশল 
      ৰাইজৰ তই সেৱা চুৰ কৰি 
          বঢ়াব খুজিছ বল।"

 স্বদেশ প্ৰেম আৰু ঐতিহ্যৰ চেতনাৰে লিখি গ'ল জ্যোতি শংখ, লাচিতৰ আহ্বান, কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী, অসমীয়া ডেকাৰ উক্তি , কনকলতা, জয়মতী'ৰ আত্মাৰ উক্তি, ন জোৱান ই হিন্দ , অসমীয়া ছোৱালীৰ উক্তি । এই কবিতা সমূহৰ মাজেৰে কবিৰ জাতীয় প্ৰেম, জাতীয় চেতনা, স্বদেশ প্ৰেমৰ  আত্ম বলিদান  অসমৰ  গৰিমাময়  ঐতিহ্য আৰু  অসম সন্তানে  দেশৰ বাবে দিয়া  আত্ম বলিদানৰ কথা উল্লেখ কৰিছে  ।
    জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতাত দেশপ্ৰেমৰ নিদৰ্শনত উজ্জ্বল হৈ পৰিছে । জনতাৰ জাগৰণ  পৰাধীনতাৰ শিকলি চিঙিবলৈ অসমীয়া  লগতে অসমৰ সকলো  জাতি জনগোষ্ঠী ৰণুৱা  বনুৱাক  উদাত্তকণ্ঠে  আহ্বান জনাইছিল।
 
            "ময়েই খাছীয়া ময়েই জয়ন্তীয়া
              ডফলা আবৰ অঁকা 
          ময়ে চিংফৌ/ভৈয়ামৰ মিৰি
              সোৱণশিৰীয়া ডেকা ।"

       "সোমাল শত্ৰু  তোৰ ভিতৰত 
         শত্ৰু আহিছে বেয়া বতৰত 
       মণিকূট গৈ পোৱাৰ  আগতে 
            সমূলে নিপাত কৰ
           আপোনাৰ ঘৰ 
            ৰাখিবলৈ তই
            কালৰ মুৰ্ত্তি ধৰ 
         কঠোৰ প্ৰতিজ্ঞা ধৰ
          অস্ত্ৰ-শস্ত্ৰ ধৰ
    ক্ষেত্ৰে ক্ষেত্ৰে ৰণসাজ পিন্ধি 
         নিজৰ কৰ্তব্য কৰ।

জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে  ৰাজনৈতিক স্বাধীনতা আজুৰি আনিবলৈ  সাংস্কৃতিক আন্দোলনৰ  জৰিয়তে  বিপ্লৱত অংশগ্ৰহন কৰিছিল ।

"ৰাষ্ট্ৰনীতিৰ সমাজনীতিৰ ৰাজনীতিৰ অৰ্থনীতিৰ তোৰ
               থৈ দে ফোপোলা স্বৰূপ 
           জনতাপূজাৰ ভাও দি দি 
               নেদেখুৱাবি  ঘৃণিত 
        তোৰ অহংকাৰৰ নেতৃতাভিমান
        জনতাই তোৰ স্বৰূপ চিনিছে
              সাৱধান সাৱধান ।" 

কবিতাৰে   শোষিত নিষ্পেষিত মুক্তি কামী  সংগ্ৰামী  জনতাৰ  পক্ষত  থাকি বিপ্লৱৰ  সূচনা কৰিছিল।
জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতাত  জাতীয় চেতনাৰ প্ৰগতিশীল চিন্তাধাৰা প্ৰতিফলিত হৈছে ।
তেখেতৰ  কবিতা সমূহত এখন  নতুন  শোষণহীন, বৈষম্যহীন কল্যাণকামী   সুন্দৰ সমাজ গঢ়ি তুলিবলৈ  সপোন দেখা পোৱা গৈছে ।


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

পৰিবৰ্ত্তনৰ কুচকাৱাজ

চক্ৰবৰ্ত্তী অলকেশ

আন্তৰিকতা, আত্মীয়তাৰ বাৰুকৈয়ে অভাৱ ঘটিছে আজিৰ সমাজত ৷ 
ড°ভূপেন হাজৰিকা দেৱৰ  বিখ্যাত সৃষ্টি "সমাজে সাৱটিৱ মহান মানৱতাক বিজ্ঞানে আনিৱ জোঁৱাৰ ৷ জিলিকাব লুইতৰে পাৰ ৷"
সঁচাকৈয়ে লুইতৰ পাৰ জিলিকিল আৰু বিজ্ঞানেও জোঁৱাৰ আনিলে আমাৰ সমাজত ৷ নিত্য নতুন সামগ্ৰীৰ আৱিস্কাৰ হ'ল ৷ সৌ সিদিনা (যদিও আজিৰ তাৰিখৰ পৰা বহু বছৰ পূৰ্বে) যেতিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ ঢাপলি মেলো তেতিয়া PCO বুথ আছিল ৷ গুৱাহাটীত সেই সময়ত ৰিলায়েন্স কোম্পানীৰ কিছুমান টিকনি যুক্ত ম'বাইল ফোন আছিল চিমেন্স আৰু মটৰ'লা কোম্পানীৰ ৷ সেই ফোনবোৰত কোনোবাই মিচ কল দিলেও পইছা কাটা যায় ৷ তাৰ পাছত আহিল গুৱাহাটীৰে সংগীতা কমিউনিকেশ্যনৰ PAGER মেচিন ৷ এই PAGER মেচিন বোৰৰ মাথোন মেছেজ পঢ়িব পাৰি আৰু ড° ভূপেন হাজৰিকা দেৱে গীতত গাই যোৱাৰ দৰে ২০০৫ চনত অসমৰ মূল মূল চহৰ কেইখনত বিজ্ঞানে জোঁৱাৰ আনিলে ৷ প্ৰতিযোগিতা চলিল নতুন নতুন ম'বাইল ফ'ন কিনাৰ ৷ হেঁপাহ থাকে সকলোৰে ৷ ঘৰুৱা লেণ্ড লাইনৰ ফোন বিলাক লাহে লাহে অচল হৈ পৰিল ৷ বৰ্তমান সেই লেণ্ড লাইনৰ ফোনবোৰ অচল হৈ পৰি আছে কৰবাত ধোঁৱা চাঙৰ ওপৰত ৷ PCO বুথ বিলাক বন্ধ হৈ পৰিল লাহে লাহে ৷ এই PCO ৰ পৰাই একোটা পৰিয়াল চলিছিল ৷ আজি এইবোৰ মাথোঁ স্মৃতিৰ মণিকোঠাত সোমাই ৰ'ল ইতিহাস হৈ; যাক কোনোকালে মচিব নোৱাৰি ৷ আজিৰ পৰা পচিছ/ত্ৰিশ বছৰ পূৰ্বে দেখা মনত পৰে ক'লা ৰঙৰ টেলিফোন বিলাক ৷ ডায়েল কৰোঁতে ডায়েল পেডত ন'টা ফুটা থাকে আৰু এটা নম্বৰ এবাৰহে ঘূৰাব পাৰি .........
STD ৰ সুবিধা নাছিল ৷ টেলিগ্ৰাফ অফিচৰ সৈতে ট্ৰাংক ক'ল কৰিব লাগিছিল কৰবালৈ ফোন কৰিবলৈ হ'লে ৷ নহ'লে ফোনটোৰ কাষত বহি থাকিব লাগিছিল ৷ মোৰ মা-দেউতাহঁতৰ পৰীক্ষাৰ ৰিজাল্ট বোৰ ট্ৰাংক ক'ল কৰি আনিব লাগিছিল ৷ তাৰ পাছত বাতৰি কাকতত ৰিজাল্ট বোৰ দিছিল ৷ কেতিয়াবা ঘৰত কাৰোবাৰ অসুখ হ'লে টেলিগ্ৰাম কৰা আমি দেখিছোঁ ৷ তাত লিখে father serious . come soon.... কাৰণ আখৰৰ সংখ্যাৰ কম-বেছি লৈ পইছা দিব লাগে ৷ বেছি পইছা ভৰিব লাগিব সেয়ে সংক্ষিপ্ত ভাৱে সকলো লিখিব লাগিব (আজিৰ SMS ৰ দৰে short message service ৰ দৰে ৷) 

পৰিবৰ্তন হ'ল সময়ৰ ৷ এই পৰিবৰ্তনৰ জোঁৱাৰে সকলোকে চুই গ'ল ভালকৈ আৰু আমাক আগত কৈ বেছি ব্যস্ত কৰি তুলিলে ৷ আমি প্ৰাত্যাহিক জীৱনত বেছি ব্যস্ত হৈ পৰিলো ৷ কোনোবাই কিবা সুধিলে কৈ দিওঁ "বেয়া নাপাব ৷ আপোনাৰ খবৰ এটাকে কৰিব পৰা নাই ৷এই কেইদিন ইম্মান বিজি জানে ৷"
      সমাজে সাৱটিব মহান মানৱতাক আৰু সঁচাকৈয়ে বিজ্ঞানে জোঁৱাৰত আমাক ডুবাই দিলে ৷ উটুৱাই নিলে বহু দূৰলৈ য'ৰ পৰা আমি উভতি আহিবও নোৱাৰোঁ ৷ কিন্তু সাক্ষী গোপাল হৈ ৰ'ল এই টিনৰ  ৰঙা বাকচ টো ৷ ডাকোৱাল জনে মাহৰ মূৰত এবাৰ খুলি চায় কিবা পায় নেকি  ? নাই ৷ চাকৰিৰ খবৰো দিব নোৱাৰা হ'ল কাৰোবাক ৷ কাৰণ চাকৰিৰ আৱেদন সকলোতে সঁতাৰ ব্যৱস্থা (online process) হ'ল ৷ আন্তৰিকতা কমিল ৷ আস্থা কমিল মানুহৰ প্ৰতি মানুহৰ ৷ আধুনিকতাই গ্ৰাস কৰিলে সকলোতে আৰু আমিও অভ্যস্ত হৈ পৰিলো এই বান্ধোনত ৷ বছৰেকত ডাক ঘৰৰ কৰ্তৃপক্ষই এই ৰঙা বাকচটো একোবাৰ কৈ ৰং কৰায় ৷ দেখিলে ভাল লাগে বাকচটো যাক পোষ্ট বাকচ বুলি কওঁ ৷
মানৱতাহীন হৈ পৰিল আমাৰ আজিৰ জীৱন বোৰ ৷ ক'তো শান্তি নাই ৷ জীৱনৰ আনন্দ নাই ৷ কাৰণ সেই আন্তৰিকতাৰে লিখা নীলা খামৰ চিঠিবোৰৰ ঠাই ললে SMS বোৰে ৷ চিঠিত সকলো বোৰ কথা খোলাখুলিকৈ লিখিব পৰা ব্যৱস্থা আছিল ৷ কিন্তু আধুনিক সহজ পদ্ধতিবোৰ ব্যৱহাৰে সেই গোপনীয়তা নোহোৱা কৰি দিলে ৷ আচলতে চিঠি লিখাটো এটা সুন্দৰ ক'লা ৷ এই SMS ত বা ই-মেইলত আগৰ সেই আন্তৰিকতা নাই কিন্তু উপায়ো নাই আমাৰ হাতত ৷ গতিকে আন্তৰিকতা তথা মানৱতা আৰু মহানুভৱতা মানুহৰ হৃদয়ৰ পৰা প্ৰায় বিছিন্ন হৈ আহিছে যদিও বিজ্ঞানে আমাক সভ্যতাৰ জোঁৱাৰ দিছে আৰু মহান মানৱতাক সাৱটি ৰাখিবলৈ কৈছে ৷ (সন্ধিয়া মাৰ সৈতে বজাৰলৈ ওলাই যাওঁতে বজাৰৰ মাজত অকলশৰে নিজৰ অস্তিত্বৰ জাহিৰ কৰি থিয় হৈ থকা লেটাৰ বক্স টোক দেখি মনলৈ অহা কথা খিনি লিখিলো ৷ পাচলি বজাৰৰ মাজত লেটাৰ বক্সটো দেখি মনটো সেমেকি গ'ল হঠাৎ ৷ মায়ে ক'লে কি কৰিব ওলাইছ ৷ মই ক'লো ইয়াৰ ফটো এখনকে তুলি ৰাখো ৷ কোনে জানে কোনদিনা ই নোহোৱা হৈ যায় ৷ সেয়ে পকেটৰ পৰা কেমেৰা যুক্ত ম'বাইলটো উলিয়াই নাইট মুড অন কৰি ফটো এখনকে তুলি ৰাখিলো ৷ হয়তো কোনোবা দিনাখন এই ঠাইৰ পৰা এই বাকচটো নোহোৱা হৈ যাব আৰু হয়তো আমিয়েই এই ৰঙা ৰঙৰ টিনৰ letter box দেখা শেষৰটো প্ৰজন্ম  বুলি গৌৰৱ কৰাৰ অধিকাৰী  (letter boxৰ গুৰুত্ব বুজি উঠা) ৷ 


পৃষ্ঠা ৮
প্ৰৱন্ধঃ

'যোগ'ৰ ঐতিহাসিক পটভূমি আৰু আধুনিক জীৱন যাত্রাত যোগ-চৰ্চ্চাৰ প্ৰয়োজনীয়তা

অমৃত  শইকীয়া
      
          যোগ বা যোগা হ'ল জীৱন ধাৰণৰ এক পদ্ধতি।থাউকতে ক'বলৈ গ'লে, জীৱনটো শান্তিৰে কটাবলৈ ই এটা উপযুক্ত পদ্ধতি। 
            সংস্কৃত মূল 'যুঁজ' শব্দৰ পৰা 'যোগ' শব্দৰ উৎপত্তি হৈছে। যোগৰ অৰ্থ হৈছে যোগ হ অৰ্থাৎ আত্মাৰ লগত পৰমাত্মাৰ মিলন হ নাইবা যোগ হ। এই যোগৰ জন্ম ভাৰততেই হৈছিল। আজিৰ পৰা কেইবা শ বছৰৰ আগতেই বৈদিক ঋষি-মুনি সকলৰ দ্বাৰা যোগ- চৰ্চ্চাৰ সাধনা প্ৰতিফলিত হোৱাৰ প্ৰমাণ পোৱা যায়। যোগ শব্দটি ভাৰতীয় সভ্যতাৰ অতি প্ৰাচীন বিষয়। আমাৰ ভাৰতীয় শাস্ত্রসমূহত অনেক প্ৰসংগত যোগৰ উল্লেখ আছে। প্ৰকৃততে আত্মা আৰু পৰমাত্মাৰ মিলনৰ বাবে যিখিনি অনুশীলন কৰা হয় সেয়াই হৈছে যোগ। 
      মহৰ্ষি পতঞ্জলিক যোগৰ জনক বুলি কোৱা হয়। মহৰ্ষি পতঞ্জলিকৰ দ্বাৰা বৰ্ণিত অষ্টাংগ যোগ অৰ্থাৎ আঠ প্ৰকাৰৰ যোগৰ তৃতীয়টোৱেই হৈছে আসন। মহৰ্ষি পতঞ্জলিয়ে আসনৰ সংখ্যা দিবলৈ গৈ কৈছিল-
স্থিৰসুখমাসনম্ অৰ্থাৎ দৈহিক স্থিৰতাৰ সৈতে মানসিক সুখৰ সমন্বয় সাধনেই আসন। আচল কথাটো হৈছে একোটি বিশেষ ভংগীমাত মনঃসংযোগ কৰি খন্তেক সময়ৰ বাবে একান্ত স্থিৰ হৈ এক সুখকৰ অৱস্থান গ্ৰহণ কৰাটোৱেই হৈছে যোগাসন।যোগাসনৰ অৰ্থ অকল শাৰীৰিক ক্ৰিয়া-কলাপ বা শাৰীৰিক অনুশীলনেই নহয়। ই এটা ধৰ্মৰ মাজত সীমাবদ্ধও নহয়।
    আগতেই উল্লেখ কৰি অহা হৈছে যে যোগৰ জন্ম হৈছে ভাৰতত। প্ৰথমে হিমালয় আৰু বিন্ধ্য অঞ্চলৰ পৰা ই দক্ষিণ ভাৰতলৈ বিস্তাৰিত হয়। বৰ্তমান পৃথিৱীৰ বিভিন্ন দেশলৈ যোগৰ ধাৰণা বিস্তাৰিত হৈছে। ইংলেণ্ড, আমেৰিকা আদি উন্নত দেশবোৰত ইয়াৰ চাহিদা বৰ্তমান সময়ত অতি প্ৰাসংগিক আৰু তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। আধুনিক বিলাসিতাপূৰ্ণ জীৱন আৰু আৰূ সুখ-স্বাচ্ছন্দ্যই তেওঁলোকক সুখী কৰিব পৰা নাই। যান্ত্ৰিক জীৱনৰ ক্ষণিক ভোগ-বাসনাই তেওঁলোকক আমুৱাইছে। সেয়ে,বহুতে দৈনন্দিন ব্যস্ততাৰ মাজতো যোগাভ্যাসৰ যোগেদি জীৱনক উপভোগ কৰিব বিচাৰিছে।
    বৰ্তমান সময়ত পশ্চিমীয়া দেশবিলাকে যোগক বেছিকৈ আঁকোৱালি লৈছে। তিৰ্বতৰ লামা সকলে যোগক জীৱনৰ এটা অংগ হিচাপে মানি লয়। জ্ঞানযোগ, কৰ্মযোগ, অষ্টাংগযোগ,ৰাজযোগ,শঠ যোগ,কুন্দলি যোগ,সমযোগ ইত্যাদি বিভিন্ন যোগৰ বিষয়ে পোৱা যায়।
     অন্য এক দৃষ্টিকোণৰ পৰা যোগৰ দুটা প্ৰধান ভাগ হৈছেঃ  বাহ্যিক আৰু  অভ্যন্তৰীণ ।

বাহ্যিক হৈছে  য়ম, নিয়ম,আসন,প্ৰাণায়ম আৰু প্ৰত্যাহাৰ। য়ম মানে সংযম। (অহিংসা,সত্য,অষ্টেয়,
অপৰিহাৰ,ব্ৰহ্মচৰ্য)। ইয়াৰে অষ্টেয় মানে অনুভূতিক নিয়ন্ত্ৰণ কৰা। নিয়ম হৈছে শৌচ আচাৰ বিধি।(সন্তোষ,তপ,শ্ৰাদ্ধায়,ঈশ্বৰ পৰিধ্যান)। ইয়াৰে শ্ৰাদ্ধায় মানে নিজক জানিব বিচৰা। আসন মানে আৰাম- দায়কভাৱে দেহক অৱস্থান কৰা। দেহ ভংগীমাৰ লহত সম্পৰ্ক আছে। প্ৰাণায়মৰ বায়ুৰ লগত সম্পৰ্ক আছে।(পূৰক,ৰোচক,কুম্ভক) ইয়াৰে পূৰকে দেহলৈ বায়ু টানি আনে। ৰোচকে বায়ু উলিয়াই দিয়ে। কুম্ভকে বায়ু ৰাখি থয়। প্ৰত্যাহাৰৰ অৰ্থ হৈছে - ইন্দ্ৰীয় দমন, ৰিপু দমন।

অভ্যন্তৰীণ হৈছে  ধাৰণা,ধ্যান আৰু সমাধি। ধাৰণা ধ্যান সমাধি আটাইকেইটা মিলি সৈন্যাস হয়।
     যোগাভ্যাস,যোগাসন,যোগব্যায়াম, আসন আদি শব্দবোৰ একে অৰ্থত ব্যৱহাৰ কৰিলেও 'যোগ' এটা বিশাল বিষয়। আসন ইয়াৰ প্ৰশাখাহে। 'ঘেৰণ্ড সংহিতাত' ৮৪ লাখ আসনৰ উল্লেখ আছে। সি যি কি নহওক আধুনিক জীৱন যাত্রাত যোগ-চৰ্চাৰ প্ৰয়োজনীয়তা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ছাত্র-ছাত্রীৰ সৰ্বাংগীন বিকাশতো যোগ-চৰ্চাই প্ৰভূত বৰঙণি যোগায়। 
   থোৰতে ইয়াৰ উপকাৰিতা তথা প্ৰয়োজনীয়তা সমূহ এনেকৈ বৰ্ণাব পাৰি--
    যোগে শৰীৰৰ ৰোগ নিৰাময় আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। স্বাস্থ্য বিধি মানি চলিবলৈ শিকায়। 
 পৰিষ্কাৰ-পৰিচ্চন্নতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰে। সু অভ্যাস গঠন কৰাত সহায় কৰে। সুস্থ দেহ ভংগীমাৰ বাবে যোগৰ প্ৰয়োজন হয়। ইন্দ্ৰীয় জয় কৰিব পাৰে। বিশেষকৈ আনৰ বস্তুৰ প্ৰতি লোভ পৰিহাৰ কৰাত সহায় কৰে।যোগ-চৰ্চাৰ ফলত আয়ুস বাঢ়ে, শ্রীবৃদ্ধি হয়। শৃংখলাবদ্ধ জীৱন যাপন কৰাত সহায় কৰে। যোগে মুদ্ৰাদোষ দূৰ কৰে। দৈহিক কমনীয়তা আৰু সৌন্দৰ্য  বৃদ্ধি কৰে। কষ্টসহিষ্ণু, ধৈৰ্যশীল আৰু শীতল মগজুৰে সমস্যা সমাধান কৰিব পাৰে। যোগে মন সতেজ কৰে আৰু মানসিক চঞ্চলতা হ্ৰাস কৰে।
   যোগ বা যোগাৰ উপকাৰিতা কৈ শেষ কৰিব নোৱাৰা বিধৰ। এই চমু আলোচনাত কিছু দিশহে উপস্থাপনৰ প্ৰয়াস কৰা হ'ল। বৰ্তমান সময়ত গোটেই পৃথিৱীখনেই নানা প্ৰকাৰৰ প্ৰদূষণৰ গৰাহত পৰিছে। ফলে-ফুলে জাতিষ্কাৰ চিৰসেউজ অৰণ্যৰ ঠিকনা পাবলৈ নোহোৱা হ'ল। জধে-মধে গছ-গছনি ধ্বংস কৰা আৰু নানা প্ৰকাৰৰ অশুভ কাৰকৰ ফলশ্ৰুতিত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। 
     অতীতৰ ঋষি-মুনি সকল নাই। তপোবন নাই, বিনন্দীয়া অৰণ্যত বিৰল প্ৰজাতিৰ পশু-পক্ষী,
চৰাই-চিৰিকটিৰ বিলুপ্তি ঘটিছে। ফল-মূলো নাই কিন্তু তাৰ কাহিনী আৰু যোগ-চৰ্চা বৰ্তমানো অব্যাহত আছে। কম বেছি পৰিমানে বন লতা বিৰিখো আছে। প্ৰকৃত কথাটো হ'ল ফল-মূল আদিৰ দৰে চৰায়ে খোৱা খাদ্যবোৰ মানুহৰ পাকস্থলীৰ বাবে অতি উত্তম খাদ্য। ফল-মূল ভক্ষণ আৰু যোগ-চৰ্চাই আমাৰ অশেষ উপকাৰ সাধন কৰিব পাৰে। কিন্তু  আংশিক ভাৱে হলেও এই পৰিবেশ ঘূৰি আহিবনে ?


পৃষ্ঠা ৯
ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন

দুৰ্গেশ্বৰ শইকীয়া

যোৱা সংখ্যাৰ পিছৰ পৰা

(এঘাৰ)

প্ৰগতি শিশু উন্নয়ন কেন্দ্ৰৰ দুৱাৰ মুকলি অনুষ্ঠান হৈ গ'ল । অনুষ্ঠানটি এতিয়া প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰে শিশুৰ কলৰৱেৰে মুখৰিত হৈ থাকে । এটা সুস্থ বাতাবৰণ সৃষ্টিত ই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাত অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰো আদৰ শ্ৰদ্ধা বাঢ়িছে । এম এ পাছ কৰাৰ পাছত স্বপ্নাও ঘৰতে আছে । আজি কালি তাইয়ো অনুষ্ঠানটোৰ গুৰিয়ালৰ অন্যতম । অঞ্চলৰ আন কিছুমান উৎসাহী ছোৱালীকো তাই ইয়াৰ কামত খটুৱাইছে ।
        হেমন্তৰ সেমেকা আবেলি এটাত সিহঁতবোৰে শিশু উন্নয়ন কেন্দ্ৰতে বহি আড্ডা দি আছিল । শিশুহঁতৰ কাৰ্যসূচী নথকাৰ দিন আছিল সেইটো । শিশুহঁতৰ কাৰ্যসূচী নথকা দিনত আজি কালি নিয়মিত সিহঁতৰ আড্ডা বহে পুথিভঁৰালত আৰু কেতিয়াবা শিশু উন্নয়ন কেন্দ্ৰটোত । আলোচনা বিলোচনা চলে নানানটা বিষয়ৰ ওপৰত । নিয়মিত সাহিত্য চৰ্চা সংস্কৃতিৰ অনুশীলনো চলে । নগেন আৰু মোহনৰ কবিতা পাঠ , স্বপ্নাৰ গল্প পাঠৰ উপৰিও যোগেন আৰু মহেন্দ্ৰৰ গানে আড্ডা ৰসাল কৰি তোলে । বাকীবোৰ চমজদাৰ শ্ৰোতা আৰু সমালোচক ।  সেইদিনাৰ আড্ডাত মোহন নাছিল । মাকৰ অসুখ বেছি হোৱাৰ বাবে সি আহিব পৰা নাই । লগৰীয়া দুই চাৰিজনৰ সহায় আৰু তাৰ নিজৰো হাতত যি সামান্য আছিল তাৰেই মাকৰ চিকিৎসা কৰাইছে , যদিও ভালৰ ফালে অহা নাই । সিহঁতে অৱশ্যে খবৰ খাটি লৈয়েই আছে ।
         হঠাতে সিহঁতে দেখিলে কোনোবা এটা ল'ৰা কোবা কুবিকৈ সিহঁতৰ ফাললৈকে আহিছে । মোহনহঁতৰ ঘৰৰ ওচৰৰে ৰামধনৰ পুতেক বাবুল । ফোপাই জোপাই আহিয়েই সি নগেনক ক'লেহি , "নগেন খুৰা , আপোনাক মোহন খুৰাই তৎক্ষণাৎ মাতিছে । আইতাৰ বৰ টান পৰিছে । চুবুৰীয়া মানুহবোৰ গোট খাইছে । আহক দেই সোনকালে ।" কৈয়েই সি অহা বাটেৰে আকৌ লৰ দিলে । 
           নগেন , ধীৰেন , ৰঘূ , মহেন্দ্ৰ , স্বপ্না , মাধৱী সকলোৱে খৰধৰকৈ কেন্দ্ৰৰ দুৱাৰ বন্ধ কৰি মোহনৰ ঘৰলৈ বুলি বেগা বেগীকৈ খোজ ললে । চোতাল পায়ে সিহঁতে দেখিলে বুঢ়ীক চোতাললৈ উলিওৱা হ'লেই । গঞা ভালেকেইজনে বেঢ়ি আছে । সিহঁতো কাষ পালেগৈ । বুঢ়ীৰ অন্তিম শয়ন সমাগত । তামোল এখন চোবাই পিক পেলোৱা মান সময়তে বুঢ়ীয়ে চকু মুদিলে । কান্দোনত ভাগি পৰা মোহনক সান্তনা দিব খুজিও সিহঁতৰ চকুহাল সেমেকি উঠিল । শোকাকুল পৰিৱেশটোৰ মাজতে শৱ সৎকাৰৰ বাবে নিয়াৰ ব্যৱস্থা কৰা হ'ল ।
           এটা সময়ত মোহন আৰু নগেনৰ কান্ধত উঠি বুঢ়ীৰ শৱই শ্মশান যাত্ৰা কৰিলে । শুকান সুঁতিৰ পাৰত চিতা সাজু হ'ল । 
        কিছুপৰৰ পিছত অগ্নিৰ লেলিহান শিখাই শৱটো আগুৰি ধৰিলে ।
         এইকেইদিন ল'ৰা হঁতৰ প্ৰায় বোৰেই সন্ধিয়াৰ পৰা মোহনক বুজাই বঢ়াই শান্ত কৰে , দিহা পৰামৰ্শ দিয়ে । বেচেৰাটো , আপোন বুলিবলৈ সংসাৰত বুঢ়ীমাক জনীয়েই আছিল । এতিয়া সি সঁচাই বৰ অকলশৰীয়া হৈ পৰিল । উদং ঘৰখনৰ কথা কৈ সি ফেকুৰী উঠে । তাৰ শোকৰ বন্যাত সিহঁতো সন্তপ্ত হৈ পৰে । মাকক হেৰুৱাৰ অবুজ বেদনাখিনি চেপি ৰাখিব নোৱাৰি প্ৰায়ে সিহঁতক সি কয়  , "চাচোন তহঁতে , আইজনীয়ে বাৰু মোক এনেকৈ এৰি গুচি যাব লাগেনে ?" কেতিয়াবা আকৌ বুকু ভাগি যাব খোজা চেপা কান্দোনেৰে কয় , "একো দিব নোৱাৰিলোঁ আইজনীক জীৱন কালত । মোৰ দৰে পুতেৰবোৰৰ বাৰু কি কাম আছে ? ভালকৈ চিকিৎসাও কৰিব নোৱাৰিলো । কেৱল দুখবোৰক লৈয়ে আইজনী গ'লগৈ । মই বৰ দুৰ্ভগীয়া অʼ ।" হুক হুকাই কান্দি পেলায় সি ।  "পিতাই ঢুকোৱাৰ পাছত আয়েই মোৰ সকলো আছিল । এতিয়া সংসাৰখনত মই বৰ নিথৰুৱা হৈ পৰিলোঁ অ' দুখত ভাগি পৰা মোহনক সান্তনা দিয়াৰ ভাষা বিচাৰি নাপায় সিহঁতে ।  তথাপিও সান্তনাৰ সুৰত সিহঁতে কয় , "দুখ নকৰিবি মোহন আমি আছো নহয় ।  তইনো কিয় অকলশৰীয়া হবি আৰু মৃত্যুটো এটা স্বাভাৱিক ঘটনা । তাক জানো ৰোধ কৰিব পাৰি ?" সিহঁতৰ চেষ্টাতে লাহে লাহে স্বাভাৱিক হ'বলৈ যত্ন কৰিলে সি ।
             মাকৰ শ্ৰাদ্ধাদি কাজ কৰ্মবোৰৰ কাৰণেও সিহঁতে প্ৰায়বোৰ কৰি দিব লগা হ'ল । সামান্য যা যোগাৰ কৰি সিহঁতৰ সহায়তে সি ছাই গুচালে ।
     এটা সম্পূৰ্ণ নতুন জীৱনৰ বাবে সাজু হ'ল মোহন । কোনে জানে কেনি বা গতি কৰে জীৱন তৰিয়ে ?

আগলৈ...


পৃষ্ঠা ১০

অভিশ্ৰুতি

চয়নিকা বৰুৱা

খণ্ড ৭

•মাহীদেউ...আপুনি ?

•অহ মই, মাজনী এইবোৰ কি দেখিছো মই ?

•মাহীদেউ আপুনি ভুল ভাবিছে। আমি...

•অভি মই মাজনীক সুধিছো...

•মাহীদেউ...

•মাজনী মই তোক কিবা এটা সুধি আছো
কোনো দিনে কাকো তই বুলি নোকোৱা মায়ে মোক আজি তই বুলি কৈছে। মোৰ চকুপানী ওলাই আহিল। মই বুজিছো মায়ে মনত বহুত দুখ পাইছে।

•মাহীদেউ, শ্ৰুতিৰ গাত দুখ নাই মইহে তাইক টানি আনিছিলো।

•কিয় অভি ? এনে কি কথা আছিল তুমি তাইক এনেকৈ টানি আনিব লগা হ'ল ?

•মাহী...
থাপ মাৰি দাদাৰ হাতখন ধৰিলো। মই গম পাইছো দাদায়ে মাক কি ক'ব বিচাৰিছে। দাদায়েও বুজি পালে মই তাৰ হাতত ধৰাৰ কাৰণ

•ঋতু জানানে ? অভিয়ে মাজনীক...মা উচুপি উঠিল

•আস..সা মাহী তুমি নাকান্দিবা। তুমি যি ভাবিছা তেনে একো নহয়। মই পাকঘৰৰ পৰাই দেখিছো। পোৱালি পৰিব ধৰোঁঁতে অভিয়ে তাইক টানি আনিলে তাৰ গাৰ ফালে। এনেতে তুমি আহিলা।হয়নে পোৱালি ?

•ওম হয় মা।
মাক ফাকি দিয়াৰ অলপো ইচ্ছা নাচিল। কিন্তু সেই সময়ৰ পৰিস্থিলৈ চাই মই দাদাৰ কথাত হয়ভয় দিলো। তেওঁৰ কথাও ভাবিলো আৰু আমাক বচাবলৈ দাদায়ে মাক ফাকি দিছে।দাদাকো মাৰ চকুৰ আগত বেয়া কৰিব নিবিচাৰো।

আমাৰ সকলোৰে জীৱনত কোনোবা নহয় কোনোবা এজন থাকেই যি বিপদৰ সময়ত আমাক সহায় কৰে। আৰু LOVE STORY ৰ কথা ক'বই নালাগে।LOVE STORY বোৰতো এনে এজন লোক থাকেই যি আপুনি ঘৰত ধৰা পৰিলে যি টি কথা কৈ মা দেউতাৰ খঙৰ পৰা আপোনাক বচাই, সেয়া কোনো বন্ধু বা ভন্টি, ভাইটি ৰূপত নতুবা দাদাৰ ৰূপত, নহয় জানো?এই কাহিনীতো তেনে এজন ককায়েক আছিল ঋতুৰ ৰূপত। কিন্তু মাকৰ খঙৰ পৰা শ্ৰুতি বাচিল নে ? শ্ৰুতিৰ মাকে ঋতুৰ কথা বিশ্বাস কৰিবনে? এই প্ৰেম কাহিনী সফল হ'বনে? আধৰুৱা হৈ ৰ'ব নেকি অভিৰ শ্ৰুতিক পোৱাৰ হেঁপাহ ? এই কাহিনী আৰম্ভ নহওঁতেই সকলো শেষ হৈ যাব নেকি ? এই সকলো উত্তৰ পাবলে হ'লে আমি কাহিনীলৈ যাব লাগিব। তেন্তে আমি পুনৰ কাহিনীলৈকে ঘূৰি যাওঁঁ।

•তুমি সঁচাই মোক ফাকি নাই দিয়াতো মাজনী ? যদি ফাকি দিছা তেন্তে মই বহুত দুখপাম মনত।

•মা....

•মাহী মই কৈছো নহয় । তুমি ভুল ভাবিছা বুলি।

•তেন্তে একো নাই । অভি মোক বেয়া নাপাবা মই তোমাক ভুল বুজিলো।

•মাহীদেউ আপোনাৰ ভুল নহয়। ভুল মোৰেই।
মায়ে বুজি নাপালে তেওঁ কিয় তেওঁৰ ভুল বুলি ক'লে ? কিন্তু মই বুজিছো।

•ঋতু তোমালোক এতিয়া ঘৰলৈ যোৱাগে। বতৰতো ভাল নহয়।

•ওম মাহী। আমি আহোঁঁ

•অভি...

•মাহীদেউ....

•বুধবাৰে ঋতুৰ লগত আহিবা। মাজনীক চাবলে ল'ৰা এজন আহিব। তুমি আহিলে তাই অলপ সাহস পাব।
মায়ে কৈ থৈ যোৱা কথা কেইটা শুনি তেওঁৰ চকুযোৰ শেঁতা পৰি গ'ল। তেওঁৰ চকুৰ পানীবোৰ মোৰ পৰা লুকুৱাবলৈ চেষ্টা কৰি দাদাৰ লগত ঘৰলৈ ঘূৰি গ'ল। তেওঁ বাৰু সেইদিনা কেনেকৈ সহ্য কৰিব ? ওহ্ ভগৱান। মই বাৰু মাক কেনেকৈ বুজাওঁঁ যে মায়ে যাক মোক সাহস দিবলৈ মাতিছে, তেওঁ সেইদিনা মোৰ বাবে সাহস নহয়। হৈ পৰিব মাথোঁঁ মোৰ দুৰ্বলতা।

আগলৈ...


পৃষ্ঠা ১১

পথভ্ৰষ্ট ডিম্বাণু

বাস্তৱ বৰা

যোৱা সংখ্যাৰ পৰা

তাই সকলোবোৰ পাহৰি সি আনি দিয়া ললিপপ চুহি থাকে ৷ সি ভাকুট-কুটায় ৷ থৰক-বৰক হাতখন নৰয় ৷ বগাই থাকে ৷ তাই পুস্পিতা হয় ৷ মদাহী দেউতাক চন্দ্ৰৰ লগত তাই নুশোৱে ৷ ধাইজনীও নহা হয় ৷ তাই অকলেই থাকে ৷ ইন্দ্ৰৰ মৰমবোৰো বাঢ়ি যায় ৷ তাইৰ দীঘল চুলিকোচাত হাত বুলাই ইন্দ্ৰই কয়-
'আমাৰ আইমানু বৰ ডাঙৰ হ'ল পায় ৷ আগতে মই এনেকৈ মৰম কৰিলে তই বৰ ভাল পাইছিলি!'-এইদৰে কৈ কৈ তাৰ হাতখন মূৰৰ পৰা ক্ৰমাৎ নিম্নমুখী হৈছিল ৷ তাই সজোঁৰে তাৰ প্ৰতিবাদ কৰে ৷ নাই হাতখন বগাই থাকে ৷ কৰঙণত চিকুট এটা মাৰি কয়-'তোৰ যে এইডোখৰ বৰ মঙহাল অ' ৷ তাই উচাট মাৰি আঁতৰি যায় ৷ তীব্ৰ খং এটা তাই মনতে পুহি থয় ৷ দেউতাকক যদিও এইবোৰ কয় একো ফল নধৰে ৷ উত্তৰ সেই একেটাই পায় ৷
এটা ৰাতি তাই দেউতাকৰ অবিহনে কটাবলগীয়া হৈছে ৷ দেউতাক যোৰহাটলৈ গৈছে ৷ তাইৰ মনত বহু চিন্তা ৷ ধাইজনীৰো অসুখ নহ'লে ঘৰ ৰখিবলৈ তাইয়ে আহিলেহেঁতেন ৷ ইন্দ্ৰটো আহিবই ৷ সেয়ে ভয় তাইৰ ৷ তথাপি তাই মনতে সাহ বান্ধে ৷
'আইমানু মই কাইলৈ ককায়েৰহঁতৰ তালৈ একেবাৰে যামগৈ ৷কলিকতাৰ সমাজখন চাবলৈ সিহঁতে মোক বৰকৈ মাতি আছে ৷ গতিকে মই সিদ্ধান্ত লৈছোঁ যে মই আৰু তাতে থাকিম বাকী সময়খিনি ৷ বয়সেও তিনিকুৰিৰ ওচৰ চাপিছে ৷ গতিকে তই যদি বেয়া নাপাৱ আজি মই তোৰ লগতে শোওঁ ৷ মইও তোৰ বাপেৰৰ দৰেই দেচোন ৷'-হঠাৎ মল্লিকাৰ কঠোৰ মনটোত আবেগে উপচি পৰে ৷ যদিও তাই এই মানুহটোক বেয়া পায় তথাপি কিছুমান কথাত মনটো সেমেকি উঠে ৷ এই মানুহটোৰ কোলাতে উঠি তাই জীৱনৰ ভালেখিনি সময় পাৰ কৰিছিল ৷ কেতিয়াবা সৰুতে হেনো তাই এই ইন্দ্ৰকে দেউতা বুলি মাতিছিল ৷ সেই মানুহজনে এতিয়া তাইৰ পৰা বহুদূৰলৈ আঁতৰি যোৱাৰ কথা কৈছে আৰু তাইৰ পৰা মাত্ৰ এটা আগ্ৰহ কৰিছে ৷ তাই বাৰু ইমান কঠোৰ হৈছেনে?  লগতে স্বাৰ্থপৰো?  তথাপি তাই অলপ খং দেখুৱাই ক'লে -
'বিছনাত উঠাৰ আগতে দুৱাৰৰ দাং দি ল'বা, মই শোওঁঁ ৷ -সি যেন তালৈকে অধীৰ আগ্ৰহৰে অপেক্ষা কৰি আছিল ৷ হাতত লৈ থকা কিতাপখন আৰু অলপো পঢ়িবলৈ যত্ন নকৰি ইন্দ্ৰই তৎকালেই সামৰি বাহিৰলৈ গ'ল আৰু তৎমূহূৰ্ততেই বিচনাত উঠিলহি ৷ হাতখন বাগৰিবলৈ ধৰিলে ৷ তীব্ৰ খঙত তাই বাৰে প্ৰতি আচাৰি এবাৰ উঠি আহিবলৈ লওঁতে তাই অনুভৱ কৰিলে যে তাইৰ ভৰি দুটা যেন কিহবাই মেৰিয়াই পেলাইছে  ৷ হাতকিখনো অৱশ যেন লাগিল তাইৰ ৷ বাহিৰত বাৰিষাৰ মেঘৰ উত্তাল গৰ্জনত লীন গ'ল আইমানুৰ চিঞৰ ৷ বৰষুণৰ কোবো ক্ৰমাৎ চৰি আহিছিল ৷ বিজুলি, বতাহ আৰু ব্ৰজপাতৰ কোবত ধৰণী ধৰাশায়ী হৈছিল ৷ তথাপি কৰবাত সাহ গোটাই মল্লিকাজনী  মল্লিকা হৈ আছিল ৷ অস্থিৰ ৰাতিটো অসন্তুষ্ট হিচাপেই শেষ হৈছিল ৷ পুৱালৈ তাই দেখিছিল বিছনাখনৰ কাঠৰ বাটামত এখিনিমান কুমজেলেকুৱাৰ বীজ ৷ চৰমঘৃণা আৰু বিতৃষ্ণাত তাই পাৰ হৈ যোৱা বাৰিষাৰ ৰাতিটোৰ কথা মনত পেলালে ৷
আচৰিত নহয়নে আমি এইবোৰৰ একো ফুটকে নাপালোঁ ? গম পাইছিলোঁ যদিও আমি সেইবোৰ ভবা নাছিলোঁ কিয় ?  আমাৰ বৌদ্ধিক উত্তৰণ ঘটিছে নেকি?
মন কৰক মল্লিকাই আজিও কন্দা নাই ৷  মাকক মনত পেলাইও তাই এদিনো নাকান্দিলে ৷

আগলৈ...


পৃষ্ঠা ১২

অণুগল্পঃ

অনুতপ্ত 

হুইল চেয়াৰত বহুৱাই মনিষাক   প্ৰাঞ্জলে ক'লে-'কোৱা তোমাক এতিয়া ক'লৈ লৈ যাম? 'দোষী দোষী ভাবেৰে মনিষাই ক'লে-' তুমি মোক ক্ষমা কৰিব পাৰিবানে ? তোমাৰ ভালপোৱাক আওকাণ কৰি মই প্ৰতাৰিত প্ৰেমৰ স্মৃতিক বুকুত সাৱটি শেষ কৰিলো জীৱনৰ আঢ়ৈকুৰি বছৰ। তোমাৰ বুকুতো যে মোলৈ তেনে মৰমকে সাঁচি ৰাখি নিৰৱে পাৰ কৰিলা অত বছৰ মই আজিহে উপলব্ধি কৰিছোঁ। মোৰ সৌন্দর্যই মোক অধিক অহংকাৰী কৰি ৰাখিছিল। কেতিয়াও বুজিবলৈ চেষ্টা কৰা নাছিলো এজন পুৰুষৰ অন্তৰৰ বেদনা। মোক ক্ষমা কৰি দিয়া..। 
     প্ৰাঞ্জলে তাইৰ দুচকু মুচি ক'লে-' তোমাক ভাল পাওঁ বাবেই তোমাক কেতিয়াও জোৰ কৰা নাছিলো মোৰ ভালপোৱা ল'বলৈ। মোৰ কষ্ট হয় তেতিয়া, যেতিয়া তোমাৰ দুচকু সেমেকি উঠে।

হেমা চৌধুৰী গগৈ


চৰিত্ৰহীন

বেমাৰী মানুহটোক বিছনাতে শুৱাই যৌৱনে ভৰপক দিয়া ছোৱালীজনীক লগত লৈ কিবা এটা পোৱাৰ আশাত মালতী হৰকান্ত মৌজাদাৰৰ ঘৰলৈ দৌৰ মাৰিলে। আজি কিবা এটা যোগাৰ কৰিব নোৱাৰিলে গিৰিয়েকৰ দৰব আৰু পথ্য আনিবলৈ দিগদাৰ হৈ যাব কথাটো ভাবি ভাবি কেতিয়ানো মৌজাদাৰৰ ঘৰ পালেগৈ গমকে নাপালে। কিন্তু মৌজাদাৰক কথাটো কোৱাত তেওঁ যি ধৰণেৰে মালতীৰ পৰা সন্মতি আদায় কৰিব বিচাৰিলে মালতীৰ হাতৰ মুঠিটো বজ্ৰৰ দৰে টান হৈ আহিল চকুৰে অগ্নি বৰষিবলৈ আৰম্ভ কৰিলে, এবাৰ জীয়েকলৈ এবাৰ হৰকান্তলৈ চাই মুখেৰে একো নামাতি জীয়েকৰ হাতত টান মাৰি একেতা কোবতে দৌৰি ওলাই আহিল।

ঝৰ্নালী শৰ্মা বৰকটকী
প্ৰযত্নে- দেৱাসীষ বৰকটকী
তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ
ডাক- নপাম
জিলা- শোণিতপুৰ/অসম
 পিন-৭৮৪০২৮
ফোন-9706988996/9101860359


কন্যাসন্তান

ঘৰখনৰ সমস্ত দায়িত্ব  বিয়াৰ পিছতো কান্ধ পাতি লোৱা  জীয়েক ৰাখীক দেখি  এসময়ত সমাজত বহু কথা শুনিব লগা হোৱা মাক নিৰ্মলাই  আজি নেদেখাজনৰ ওচৰত কৃতজ্ঞ হৈ ৰয় ৷

চম্পা দাস দুৱৰা 
শিৱসাগৰ ৷


পৃষ্ঠা ১৩

চুটিগল্পঃ

তৃপ্তিৰ এসাঁজ

মিনাক্ষী গগৈ
যোৰহাট

     বুঢ়া লুইতৰ বালিৰ চৰলৈ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ ধুনীয়া ধুনীয়া গাড়ীবোৰ এখন এখন কৈ আহি প্ৰীতি ভোজৰ আয়োজন কৰিছে হি। নানা তৰহৰ ব‍্যঞ্জনৰ গোন্ধই চৌদিশে আমোল-মোলাই গৈছে।  ৰাঙলুৰ সৈতে  লগৰীয়া পাঁচ, ছয়টা কুকুৰে গোন্ধ গোন্ধ লৈ লৈ দৌৰি দৌৰি মানুহবোৰৰ আশে পাশে পিতপিতাই ফুৰিছে।কোনোবাই কোনোবাই লগত অনা দুটামান বিস্কুট, ব্ৰেডৰ টুকুৰা কুকুৰ কেইটালৈ দলিয়াই দিছে। কুকুৰ কেইটাই  তাকে টনা-আজুঁৰা কৰিছে। মানুহ বোৰৰ লগত অহা সৰু ল'ৰা-ছোৱালী কেইটাক অপকাৰ কৰাৰ ভাবনাত কেতিয়াবা সিহঁতক লাঠিৰে খেদিছে। কুকুৰ কেইটাই কেংকেঙাই  দৌৰিছে। আকৌ বেলেগ এখিনি মানুহৰ জুমৰ ফালে গৈছে। তৎধৰিব নোৱাৰা কৈ খেদাৰ উপলক্ষ‍্য কৰি পকা জ্বলি থকা জুইৰ এডাল খৰি দলিয়াই দিয়াত ওফৰি আহি কুকুৰ এটাৰ মুখত পৰিলহি। জুই অঙঠা লাগি কুকুৰটোৰ মুখখন পুৰি গ'ল। জ্বলা জুই পোৰণিত কুকুৰটোৱে গগনফালি চিঞঁৰিছে।  লগৰীয়া কেইটাই আহি চেলেকি চেলেকি সান্তনা দিয়া চেষ্টা কৰিছে। দৌৰি গৈ কুকুৰটো লুইতৰ পানীত মুখখন গুজি দিছে। জন্ম দি অঠাইসাগৰত মেলি দিয়া কুকুৰ কেইটাক অপত্য স্নেহেৰে বুঢ়া লুইতৰ শীতল পানীয়ে যন্ত্ৰণা লাঘব কৰিছে। কৃতজ্ঞতাত গদগদহৈ পৰি ৰৈ কুকুৰটো লুইতৰ বুকুৰ বালিচৰত। কুকুৰটোৰ এই দুৰবস্থা দেখি বাকী কেইটাই আঁতৰৰ পৰাই মানুহ খিনিক লক্ষ‍্য কৰি থাকিল। মানুহবোৰে খাবলৈ আৰম্ভ কৰিছে। কুকুৰ কেইটাইও পেটৰ ভোকত চেপেটা লাগি ৰ' লাগি চাই আছে। ভাতৰ চুৱাবোৰ ক'ত পেলাব তাকেই ভাবি । এজনে ভাতৰ পাতবোৰ পানী লৈ দলিয়াই দিব লৈছে। অসহ্য ভোকৰ তাড়নাত কুকুৰ কেইটাই কাবৌ কোকালি কৰি ভুকভুকাইছে।কুকুৰ কেইটাৰ ভুকভুকনিত এজনে কৈ উঠিল,"ভাতবোৰ পেলাই নিদিবি, সেই পেটপেলাই চাই থকা কেইটাক দি দে" সকলোৱে খাই উঠি নিৰ্দিষ্ট এডোখৰ ঠাইত চুৱাভাতবোৰ এৰি গ'লগৈ আৰু কুকুৰ কেইটাই মাছৰ কাঁইট, মাংসৰ হাড়বোৰৰ সৈতে দাইল ভাজি লুঠুৰিসনা চুৱাভাতবোৰ উদৰপুৰাই খালে। ধুনীয়া গাড়ীত আহি প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি তেওঁ লোকে খাই গ'ল এসাঁজ প্ৰীতি ভোজ মানসিক তৃপ্তিৰে পৰিপূৰ্ণ হৈ।  চুৱাপাতনিৰ পাত চেলেকি কুকুৰ কেইটাইও খালে তৃপ্তিৰ এসাঁজ।


পৃষ্ঠা ১৪

অনাধিকাৰ

আদৃতা শিৱম 
সোণতলিছিগা , শিৱসাগৰ 

     “অধিকাৰবিহীনভাৱে কোনেও কাৰো ওচৰত অভিমান কৰিব নোৱাৰে কাংক্ষিত ৷” মুখ ফুলাই গুচি যোৱা দীপজ্যোৎস্নালৈ চাই কৈছিল প্ৰিয়ানুজে ৷ মই মূক হৈ ৰৈছিলোঁ ৷ কেৱল অভিমানেই কিয় ! মাৰ পিচতে মোক শাসন কৰাৰ একমাত্ৰ অধিকাৰো তাইকে দিয়া হৈ গৈছে ৷ অথচ এই কথাটোকে কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি ৷ কাৰো সন্মুখতে ক’ব নোৱাৰি ৷ আনকি তাইৰ সন্মুখতো ৷ কিছুমান সম্পৰ্ক নিজৰ ওচৰতহে সুন্দৰ । প্ৰিয়ানুজক একো নোকোৱাকৈ ওলাই আহিছিলোঁ 'কফি হাউচ'ৰ পৰা ৷
        ব্যস্ত চহৰৰ আলিয়েদি দ্ৰুত গতিত আগুৱাইছিল 'প্লেটিনা'ৰ চকা ৷ লৃগাঙৰ ঢোল মোৰ বুকুত বাজিছিল ৷ দিচাংমুখৰ বালিত তাইৰ নামটো লিখি মোহাৰি পেলাব খুজিছিলো কলিজাত অঁকা তাইৰ নাম ৷  মই চম্পাৰ বুকুত ঘূৰি থকা আধলিটোৰ কথা  ভাবিছিলো ৷ আস্‌ ! মোৰ বুকুতো ঘূৰিছিল সেই একেটা আধলি ৷ 
       মই তাইৰ হেঁপাহৰ ৷ ক’বলৈ অনেক কথা লৈ ফুৰে তাই মোৰ বাবে ৷ সুধিবলৈ অলেখ প্ৰশ্ন ৷ মোৰ লগত ফুৰিবলৈ পালে সুখী হ’লহেঁতেন তাই ৷ অথচ মোৰ বুকুত যে পলাশ ফুলে তাইৰ ওঁঠৰ হাঁহিত ৷ উচিতনে এয়া ! আজি প্ৰথমবাৰৰ বাবে লগ পাইছিলো তাইক ৷  হয়তো এয়াই শেষ দেখা হ’ব আমাৰ ৷  
“ইমানেই যদি ব্যস্ত কিয় আহিছিলা মোক লগ পাবলৈ ? যাওঁ মই ৷ নাখাও কফি ৷” 
       এই অভিমানৰ তাই নিশ্চিতভাৱেই দাবীদাৰ ৷ ক’ব নোৱাৰিলো তাইক, “ ব’লা অলপ ঘূৰিম এই চহৰৰ বুকুৰে ৷” মোৰো ইচ্ছা আছিল তাইৰ সতে মায়াসন্ধ্যা এটা কটোৱাৰ ৷ অথচ বুকুত গোপনে  সেই অভিলাষ সামৰি মই খুউব নিৰ্লিপ্ততাৰে মাত্ৰ কৈছিলো , “ঠিক আছে তেন্তে, যোৱা ৷ লগ পাই ভাল লাগিল ৷” 
          মই যে তাইৰ ককায়েক হৈ থাকিবলৈ বাধ্য ৷ বাধ্য বাবেই  বিশ্বাসৰ সাঁকোৰে খুপি খুপি খোজ ৷ ভুল নহওক ৷ ক’তো অকণমানো ৷ কাৰণ তাই মোলৈ  আগবঢ়াই দিয়া হাতখন উকা আছিল ঠিকেই ; কিন্তু  আনখন হাতৰ অনামিকাত জিলিকি আছিল কাৰোবাৰ চৰ্তহীন হেঁপাহ . . . .৷


পৃষ্ঠা ১৫

অনুবাদ কবিতা ঃ

নতুন বছৰ

('New year' by Sandra Hearth)


অনুবাদ:প্রাণ কৃষ্ণ গোস্বামী
কাহিলিপাৰা,গুৱাহাটী,
মো:+৯১ ৭০০২৪০৯৬৫৫

আকৌ এটা বছৰৰ পৰিল সামৰণি
আমাৰ দুখ-বেজাৰবোৰো যাওঁ চোন পাহৰি ৷
পাৰ হোৱা বছৰটো মোৰ কষ্টকৰ আছিল
বহু কঠিন আৰু অশ্ৰুসিক্ত আৱেগ আনিছিল ৷
এতিয়া অতি বেগেৰে আহিল আন এটা বছৰ,
আশাকৰোঁ এই বছৰ হ'ব প্ৰেম আৰু সুস্বাস্থ্যৰ;
আমাৰ আশা, এই নতুনে আনিব ধুমুহা সুখৰ ৷
সকলোৰে সপোনবোৰ যেন দিঠকত হয় পৰিণত,
তুমি কৰা সকলো কামেই প্ৰেম আৰু শান্তি আনক ৷
এই পৃথিৱীয়ে যাতে বুজি পায় মৃদু শব্দৰ নীৰৱতা,
যাতে ক্ৰোধ সম্বৰি, ৰুদ্ধ কৰিব পাৰে গতিৰ তীব্ৰতা ৷
আমি সকলোৱে যেন শুনিবলৈ পাওঁ 'শব্দ আনন্দৰ',
আৰু, দুখদায়ী-ধ্বংসকাৰী সকলো কৰিব পাৰো আঁতৰ ৷

মোৰ আশা, আমাৰ বাবে শুভ হ'ব  এই নতুন বছৰ,
সাৱধানতা আৰু স্থিৰতা, পৰিব খুজিলে আমাৰ হাত সহায়ৰ ৷
ভালকৈ শুনা, 'মই তোমাক ভালপাওঁ' বুলি শান্ত হৈ কোৱা,
খন্তেক ৰোৱা, দীঘল উশাহ লৈ দেখা-শুনাবোৰ অনুভৱ কৰাঁ,
নতুন বছৰে অনা সকলোবোৰ, আহাঁ উপভোগ কৰোঁঁ
এবাৰেই মাথোঁ জীৱন, সেয়ে আমি জীয়াই থাকিব শিকোঁ ৷
সদায়ে আনন্দ কৰা, জীৱন জীয়া আৰু ভালপোৱা হৃদয়েৰে,
'নতুন বছৰৰ শুভেচ্ছা' সকলোকে, এক নতুন আৰম্ভণিৰে ৷


NEW YEAR
(Sandra Hearth)

Another year has come to a close,
We can forget our troubles and woes.
For me the year was tough,
It brought many emotions,was tearful and rough.
Now another year has come very fast,
Let's hope it's a New Year with love and health;
Let's hope it's a blast.
May all your dreams come true
And you find peace and love in all that you do.
May this world know the gentle sound of a hush
May it calm all its anger and slow its pace from the rush.
May we all hear the sound of joy
And push away all that hurts,that destroys.

The New Year I hope will be good to us all,
Care and calm,a helping hand when we fall.
Listen more,calm down and say I love you,
Stop for a moment, take a breath, take in the view.
Enjoy all that the New year may give,
We have but one life,so let's learn to live.
Always enjoy,live and love from your heart,
Wishing you all a Happy New Year,a brand new start.


পৃষ্ঠা ১৬

ডেফ'ডিলছ

মূল: উইলিয়াম ৱর্ডছৱর্থ

অসমীয়া ভাবানুবাদ: তৰুণ চন্দ্ৰ নাথ

ঘূৰি ফুৰিছিলোঁ মই অকলশৰে
উদ্দেশ্যবিহীনভাৱে
উপত্যকা আৰু পাহাৰবোৰৰ বহু ওপৰেৰে
উপঙি থকা মেঘবোৰৰ দৰে
হঠাৎ  দেখিলো
পুখুৰীটোৰ পাৰত,গছবোৰৰ তলত
সোণোৱালী ডেফ'ডিলছ এডৰা
বতাহত আউল-বাউল হৈ
হালি-জালি নাচি আছে ৷

চাই ৰ'লো এপলক
পুখুৰীটোৰ পাৰত
নিৰৱছিন্ন শাৰীত
দহ হেজাৰ ফুল ব্যাপ্ত হৈ আছে
তিৰবিৰাই তিৰবিৰাই হাতীপটিৰ তৰাবোৰৰ দৰে
প্ৰাণোচ্ছল হৈ যেন মূৰ জোকাৰি নাচি আছে ৷

কাষৰ পুখুৰীটোত ঢৌবোৰেও নাচিছে
কিন্তু পুখুৰীৰ জিলিকি থকা ঢৌবোৰকো চেৰ পেলাইচে
ফুলবোৰৰ নাচে
এনেহেন আনন্দময় সুবাসিত সান্নিধ্যত
কিনো কৰিব পাৰে কোনো কবিয়ে
আনন্দত মতলীয়া হোৱাৰ বাহিৰে
ৰ লাগি চায়েই থাকিলোঁ মই
এবাৰলৈও ভাবিবলৈকে নহ'ল 
এই দৃশ্যইনো কি এক সম্পদ দি থৈ গ'ল ৷

কাৰণ মই যেতিয়া প্ৰাযে বিসণ্ম মনেৰে
বিচনাত পৰোঁ
নিসংগ ক্ষণৰ বিনন্দীয়া সুখস্বৰূপ সেই দৃশ্য
হঠাৎ যেন মোৰ অন্ত:চক্ষুত ভাঁহি উঠে
তেতিয়াযে মোৰ অন্তৰ ভৰি পৰে আনন্দৰে
আৰু নাচি উঠে ডেফ'ডিলছৰ স'তে ৷

The Daffodils

I wander'd lonely as a cloud
That floats on high o'er vales and hills,
When all at once I saw a crowd,
A host of golden daffodils,
Beside the lake,beneath the trees
Fluttering and danceing in the breeze.

Continuous as the stars that shine
And twinkle on the milky way,
They stretch'd in never -ending line
Along the margin of a bay:
Ten thousand saw I at  glancd
Tossing their heads in sprightly dance.

The waves beside them danced,but they
Out-did the sparkling waves in glee:
A poet could not but be gay
In such a jocund company!
I gazed and gazed but little thought
What wealth the show to me had brought.

For oft,when on my cough I lie
In vacant or in pensive mood,
They flash upon that inward eye
Which is the bliss of solitude:
And then my heart with pleasure fills
And dances with the daffodils.


পৃষ্ঠা ১৭

অন্য চহৰত

মূল (হিন্দী): কেদাৰনাথ সিং

অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন

এয়াই হৈছিল আগতে 
এয়াই হ'ব আগলৈও 
আমি আকৌ লগ হ'ম 
কোনো অন্য চহৰত 
আৰু চাই ৰ'ম 
ইজনে সিজনৰ মুখ ! 


( কেদাৰনাথ সিং : হিন্দী সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি, প্ৰাৱন্ধিক, গল্পকাৰ ৷ তেখেতৰ জন্ম: ১৯৩৪ চনৰ ৭ জুলাইত চাকিয়া বেনাৰসত আৰু মৃত্যু : ২০১৮ চনৰ১৯ মাৰ্চত নতুন দিল্লীত ৷ তেখেতৰ কাব্যগ্ৰন্থ- 'অভি বিলকুল অভি', 'জামিন পৰ ৰাহি হে', 'এহি  চে দেখৌ', 'অকাল মে সাৰস' 'ভাগ' ট্ৰলষ্টয় অ'ৰ চাইকেল' ৷ ১৯৮৯ চনত হিন্দী কাব্যগ্ৰন্থ 'অকাল মে সাৰস' ৰ বাবে সাহিত্য অকাডেমী বঁটা আৰু ২০১৩ চনত জনপীঠ বঁটা লাভ কৰে ৷ )


পৃষ্ঠা ১৮

সেই সপোনবোৰ

মূল বাংলাঃ সুনীল গঙ্গোপাধ্যায় 

অনুবাদ -বাসুদেব দাস

পোতাশালৰ ভিতৰত পৰিছিল জোনাক 
বাহিৰত বতাহ, ভীষণ বতাহ সেই বতাহত 
নশ্বৰতাৰ গোন্ধ 
তথাপি ফাঁচিৰ আগত দীনেশ গুপ্তই চিঠি লিখিছিল 
তেঁওৰ বোৱাৰীক 
মই অমৰ, মোক মাৰিবলৈ কোনোবাৰ সাধ্য 
নাই।

মাজ ৰাতি, আৰু বেছি দেৰি নাই 
       প্রহৰৰ ঘণ্টা বাজে, সিপাহী ক্লান্ত হয় 
শিতানৰ ওচৰত আহি মৃত্যুও বিমর্ষ অনুভব কৰে
কনডেম চেলত বহি প্রদ্যোৎ ভট্টাচার্যই লিখিছে 
'আই তোমাৰ প্রদ্যোৎ কেতিয়াবা মৰিব পাৰে নে ?
আজি চাৰিওফালে চোৱা
লক্ষ প্রদ্যোতে তোমাৰ ফালে চাই হাঁহিছে-
মই জীয়াই থাকিলোঁ আই অক্ষয়-'।
কোনেও জনা নাছিল সি ক'ত 
ঘৰৰ পৰা ওলাই গৈছিল ল'ৰাটো, উভতি অহা নাই 
জনা গ'ল দেশক ভালপোৱাৰ বাবে সি লভিছে 
                মৃত্যুদণ্ড 
শেষ মুহূর্তৰ আগত পোস্টকার্ডত ভবানী ভট্টাচার্যই
খৰ-ধৰ কৈ লিখিছিল সৰু ভাইক ;
আঁউসীৰ মৰাশালিত ভীৰু ভয় পায় 
সাধক তাত সিদ্ধি লাভ কৰে।
আজি মই বেছি কথা নিলিখোঁ 
অকলে ভাবিম, মৃত্যু কিমান সুন্দৰ।'
ল'ৰ শিকলিৰ ওপৰত হাত 
তেওঁ চাই আছে আন্ধাৰৰ ফালে 
দৃষ্টি সৰকি যায় দেৱাল ,আন্ধাৰও শব্দেৰে প্রকাশ হয় 
সূর্য সেন পঠালে তেঁওৰ শেষ বাণীঃ
'মই তোমালোকৰ বাবে কি ৰাখি গ'লো?
অকলে এটা মাত্র বস্তু 
মোৰ সপোন-
এটা সোণালী সপোন
এটা মুহূর্তত মই প্রথম বাৰৰ বাবে এই সপোন চাইছিলো।'
সেই সপোনবোৰ এতিয়া বতাহত ঘুৰি ফুৰে,
শুনিব  পোৱা যায় উশাহৰ শব্দ 
বাকী সকলো মৰে, সপোন নমৰে 
অমৰতাৰ আন এটা নাম হয়।


পৃষ্ঠা ১৯

কবিতাঃ

জুই 

একুৰা জুই ধৰিছো বুকুত
খাণ্ডৱ দাহ কিম্বা
লংকা কাণ্ডৰ আখৰাৰ হেতু
শোষিত নিষ্পেষিত মানুহৰ
অধিকাৰ বিচাৰি ৷

সময় হ'লেই
এটা এটা ফিৰিঙতি তুলি দিম
উত্তৰ পুৰুষৰ হাতত
ন্যায্যা প্ৰাপ্তিৰ অদম্য দৃঢ়তাৰে
ফিৰিঙতিবোৰ তেওঁলোকেও
ৰোপন কৰিব নিজ নিজ বুকুত ৷

সিয়েই ফুলিব জুইফুল হৈ
সিয়েই হ'ব বঞ্চিত মানুহৰ
ৰক্ষাকৱচ
আইৰ বুকুৰ
কাল অমানিশা নাশি
আগবাঢ়ি যাব মোৰ নতুন পুৰুষ ৷

সৃষ্টিৰ বাবে
এবাৰ হ'লেও
ধ্বংস অতিকে প্ৰয়োজন
সেয়েহে এতিয়া
একুৰা জুই ধৰিছো বুকুত
নিজেই হ'ম তাতে
ঘূতাহুতি ৷

দূষ্যন্ত এম বৰুৱা


পৃষ্ঠা ২০

কবিতা

সকলো কথা খুলি কোৱা নহ'ল কাৰণ, পৰ্দাৰ আঁৰত তুমি
সকলো ঠিকনাই বাট হেৰুৱাই
বাখৰুৱা পথিকৰ থাকে জানো ঠিকনা 
হেঁঁপাহৰ ডেউকাত ওলমি থাকে জোনাক বধিৰ বকুল ফুলৰ নিৰ্জন নিৰ্যাস কোমল সমীৰণত
 কেতিয়াবা উন্মনা হৈ লিৰিকি-বিদাৰি চাওঁ নৈশব্দৰ কল্লোলতা
তোমাৰ- মোৰ মাজত এখন নিৰবধি নদী
আশাৰ সপোন বোৰে গঢ়ে সপোন- সুৰভিৰ নিৰ্লোভ সাঁকো.....

শ্ৰী যুগল সন্দিকৈ।
শিৱসাগৰ।


পৃষ্ঠা ২১

সপোন

সপোনবোৰ এডাল মমবাতি
গলি গলি সকলো শেষ হৈ যায়
প্ৰতিবিম্বত যেন সুৰুযৰ প্ৰখৰ কিৰণ 
খোজে প্ৰতি জীৱনৰ আস্ফালন ৷

মনৰ দোলনাত জ্বলিছে সপোন
ভৰি পতাৰ পৰা মূৰলৈকে…
দুভাগ ৰাতি জ্বলি জ্বলি ছাই হৈছে
হাহাকাৰ কৰিছে জোনাকীবোৰে
নি:শব্দতাৰে ভেদি আহে নিৰৱতা ৷

জীৱনৰ জয়াল পথত
সপোনবোৰ বৰ ভয়াতুৰ
আকুলতাৰ স্বাৰ্থত
মনৰ মাজত বিদ্ৰোপৰ হাঁহি
দুচকুত ভাঁহি আহে…
সপোনৰ বিদ্ৰোহৰ ক্ষুধা ৷

বুধেন কোঁৱৰ


পৃষ্ঠা ২২

শগুণ শগুণ শগুণ

শগুণ শগুণ শগুণ...
লকডাউন, কাৰ্ফিউৰ আঁৰৰ 
অৱৰোধবোৰৰ মাজতো
পিয়াপি দি ফুৰিছে 
জাক জাক শগুণে  ৷
চাৰিওফালে হুৱা দুৱা লাগিছে ৷
মৃত্যুশীতল নীৰৱতাবোৰে খেদি ফুৰা
অসুখীয়া পৃথিৱীৰ
জয়াল নিশাবোৰৰ
উচুপনিত উত্তাল হৈছে 
অত্যুৎসাহী আৱেগবিলাক ...৷
হঠাৎ বাঢ়িব ধৰিছে পৃথিৱীৰ অসুখ
বাঢ়িব ধৰিছে পাৰাস্তম্ভ মৃত্যু উপত্যকাৰ !
লাৱাৰিশ শৱদেহবোৰৰ বিদ্ৰোহত
খোপনি পুতি উশাহ ল'ব পৰা নাই
মুখাবোৰৰ আঁৰত লুকাব বিচৰা
জীৱন্ত মৰাশ বোৰে.... ৷
পঁচা মৰাশৰ গোন্ধত 
শগুণ বিলাক চোঁচৰি আহিছে 
শতযোজন দূৰত্ব ভেদি ৷
অপদাৰ্থ জীৱাণুটোৰ অৱস্থিতিয়ে
হঠাৎ অস্পৃশ্য কৰা 
গৰাকী বিহীন মৰাশবোৰৰ 
পঁচা গোন্ধৰ আহ্বানত
শগুণবোৰে কুচকাৱাজ কৰিছে
এখন ভোকাতুৰ যুদ্ধৰ ৰণশিঙাৰ !
কিছু পঁচা, কিছু কেঁচা মঙহৰ  সন্ধানত 
শগুণবিলাকৰ অবাধ আহজাহ চলিছে
চিনাকি অচিনাকি চহৰবিলাকৰ
নিভৃত এলেকাবিলাকত
শ্মশানবিলাকত, নৈবিলাকৰ কাষত
অথবা হাস্পাতালবিলাকৰ আশে পাশে ৷৷
কালিৰ জীৱন্ত মাংসপিণ্ডবোৰ
আজি  শগুণৰ খোৰাকিৰ জোগাৰত
মঙহলৈ পৰিবৰ্তিত হৈছে লাহে লাহে ৷৷
বগাবিলাক সদায় যে ধুনীয়া নহয়
বুজাই বুজিছে ....
নুবুজাই ভুলবোৰৰ চাকনৈয়াত আকৌ উটি গৈছে ৷
বগা কাপোৰৰ তলত শুই থকা
কেঁচা অথবা পঁচা মঙহবোৰে
তাৰেই বতৰা দিছে অহৰহ ৷
শগুণ বিলাক ক্ৰমান্বয়ে কাষ চাপি আহিছে,
বগা কাপোৰৰ তলৰ মৰাশবোৰে 
আটাহ পৰিছে 
নৰকসম যন্ত্ৰণাৰ পৰিত্ৰাণ বিচাৰি !
অচিনাকি চিঞৰবিলাক ভাঁহি আহিছে 
বহুযোজন দূৰৈৰ পৰা
শগুণ শগুণ শগুণ...৷

গৌৰৱ বৰুৱা
৯৮৫৪১৬৭৯৮৬


পৃষ্ঠা ২৩

হিৰণ্ময় সময়

বন্ধনযুক্ত হাতৰ মুঠিত পৰ্যাপ্ত সময়
ভৱিষ্যতৰ ৰৌদ্ৰৌজ্জ্বল দিনবোৰৰ বাবে 
আগবাঢ়ি গৈ থকাৰ প্ৰশস্ত পথ
দুনয়নত উপচি আছে
আবিৰ ৰঞ্জিত স্বপ্নৰ জিলমিল 
দৃষ্টি নিৱদ্ধ নীলিম গগণলৈ
আকাশৰ বুকুত উৰি যোৱা
বিহংগৰ গতিময়তা 
সৃজন আৰু কল্পনাৰ সেয়াইতো
অন্তহীন প্ৰেৰণাৰ ফল্গুধাৰা 
বছৰৰ প্ৰত্যেক ঋতুৰ উন্মেষ
ঘনীভূত হয় হৃদয় উপত্যকাত
গ্ৰীষ্মৰ তীব্ৰতা শীতৰ কঠোৰতা
প্ৰতিশ্ৰুতিৰ বন্যাৰ পৰা
প্ৰাপ্তিৰ প্ৰতীক্ষালৈ
ধৈৰ্যৰ পাহাৰ গঢ়াৰ
এয়াই হিৰণ্ময়  সময় 
অন্ধকাৰৰ 
কঠোৰ বেষ্টনীৰ পৰা
ঐশ্বৰ্যশালী জীৱন উপভোগৰ
সোপান সুদৃঢ় কৰাৰ
এয়াই মধুৰতম সময় ৷

দীপালী শইকীয়া গগৈ


পৃষ্ঠা ২৪

কৃষ্ণৰ দুখ

স্নিগ্ধ জোনাক
মায়াময় জোনাক

যমুনাৰ পাৰত কৃষ্ণ হেৰাল

যমুনাৰ ষোল্ল হাজাৰ ঢৌৱে বিচাৰি ফুৰিছে 
কৃষ্ণ নাই

বালিচৰৰ খোজবোৰৰ মাজত
খোজ নাই কৃষ্ণৰ
ফুলি থকা কদমবোৰে সৰি পৰিছে 
কৃষ্ণৰ বিৰহত 

নিমাত বাঁহী 
নিতাল পৰিবেশ

 প্লাষ্টিকৰ আৱৰ্জনাৰ স্তূপত বহি 
কৃষ্ণ ৰোহঘৰত 

আজি পূৰ্ণিমাৰ ৰাতি
বেচেৰী ৰাধেৰ মিছাতে টোপনি খটি

ৰাধাহীন আঁউসী।

মামণি ডেকা


পৃষ্ঠা ২৫

সবিনয় বিনীত নিবেদন

 হে সময় !                        
তেজৰ মোহনাত কিমান
 কৰাবা আৰু গঙ্গাস্নান?
জনাওঁ আহাঁঁ আহ্বান
 উত্তাল ধুমুহা জাকক
ধুই নিয়ক  প্লাৱন,
 ভয়াৱহ  হিংস্ৰতাৰ
হে সময় ! ঢালোঁ  আহাঁঁ
  মৃত-সঞ্জীৱনী
  ধ্বংস স্তুুপবোৰত  !
নাঙলবোৰ যিদৰে কৰ্ষিত হয়
 তোমাৰ হাতত
মাটিবোৰো ৰজঃস্বলা হওঁক
 তোমাৰ প্ৰেমত
হে মোৰ বুকুৰ কুটুম  !
 তুমিয়েই জানো
 কঢ়িয়াই লৈ ফুৰা নাই
হাজাৰ- বিজাৰখন   
স্নেহাসিক্ত  হৃদয় ?
নগ্ন বিবেকৰ 
দুষ্ট সাধুবোৰ শুনাই
আৰু মোক লালায়িত নকৰিবা
কাবৌ কৰিছো সময়
জলাঞ্জলী দিয়া তোমাৰ 
উন্মাদ বুকুৰ কদৰ্য্য বাসনাক
তোমাৰ মূষলধাৰ
আনন্দৰ ধুমুহাত
বিধস্ত হোৱাৰ হাবিয়াস 
মোৰ নাই
আকণ্ঠ  অমৃত পান কৰা
বিষধৰ সাপও নহওঁ মই !
মইযে মানুহ হ'ব খোজো
কাংক্ষিত বুকুত বেদনাৰ শতদল
ৰক্তজৱাৰ কোলাহল 
হৃদয়ে হৃদয়ে
হে সময় ! আহ্বান তোমালৈ
আকৌ সজোৱা হেঁঁপাহৰ বালিঘৰ
য'ত মই অকণি জিৰাওঁ
সাধক হোৱা তুমি ,চিৰ প্ৰত্যাশিত
সাগ্নিক তপস্বী 
দেৱতাপ্ৰাণৰ  !!
         
ৰেখা বৰকটকী


পৃষ্ঠা ২৬

আশাভৰা জীৱনৰ বৰ্ণিল অধ্যায়

ক্ৰমশঃ বাঢ়ি আহিছে আশাবোৰ 
চোতালত সোণালী পাহাৰ 
সোণগুটীৰ আমোলমোল সুগন্ধি সুবাস ।
ৰ'দে জোনাকে এতিয়া মুখৰিত হৃদয়
ভোগালী গাঁৱত জিলিকিছে
 নিৰিবিলি সুখৰ নিলয় ।
যেনিয়ে তেনিয়ে পোখা মেলা 
পথৰুৱা বাটেদি ঘূৰি পকি  
চিনাকি সুহুৰিটো 
মোৰ বুকুলৈকে উজাই আহে ।
নতুন দিনৰ সুখৰ প্ৰাৰ্থনাৰে 
নামি আহে এটি ৰ'দ জিলমিল পুৱা ।
বাটে ঘাটে চহকী হৃদয়ৰ 
চহা মানুহৰ মৰমৰ আলাপ 
কি যে মধুৰ এক সপোন প্ৰভাত ।
কোন দুৰণিৰ পৰা  আহি 
প্ৰভাতী গীতেৰে পুৱাটো সজীৱ কৰি
উৰি আহে এজাক চৰাই 
চৌপাশ ৰজনজনাই 
মিঠা মাতে হৃদয় জোৰায়।
প্ৰকৃতিৰ অনুপম দান 
শীত - জীৱনৰ এক বৰ্ণিল অধ্যায় । 

মৌচুমী কলিতা নাথ


পৃষ্ঠা ২৭

ঊনত্ৰিশ জুলাই

(এক)

জিম কৰবেট
বাঘবোৰৰ পৰিসংখ্যা
 অভাৱনীয় ভাবেই 
কমিল

জীৱশ্ৰেষ্ঠৰ উৎপাতত 
আধা সোমাল পিঞ্জৰাত  
আধা 
মৰিল

(দুই)

নিজে টোপ হৈ 
এতিয়া  ধৰিব নোৱাৰি 
নৰখাদক 

চিকাৰীৰ চিকাৰ হৈ  শেতেলীত পৰি আছা
 জিয়াউৰ ৰহমান
আধা জী 
আধা মৰি

প্ৰেডটৰ'চ প্ৰে

(তিনি)

শম্ভু চিকাৰী কৌশল নকৰাকৈয়ে 
তুমি কৌশলী
 লগ পালে
যুটীয়াকৈয়ে  নৰখাদক ধৰিম 

(4)

সাধুবোৰ পুৰণা হ'ল
আখ্যানবোৰ মলঙিলে 
বাঘৰ আগতেল খোৱা 
হৰিণা পালে 
পাল পাতি 
একেলগেই 
বলিশাললৈ আগুৱালে 

(5)

জীৱশ্ৰেষ্ঠৰ তাণ্ডৱত
নামমাত্ৰ উশাহৰ বিনিময়ত 
এশ নালাগে এটা চিকাৰো নকৰাৰ চুক্তিপত্ৰত 
বাঘবোৰে নিৰ্বিবাদেই 
ভিজা মেকুৰীৰ চহী কৰিলে...


ঊনত্ৰিশ  জুলাই "ব্ৰাঘ্য সুৰক্ষা দিৱসৰ উপলক্ষ্যে।"

জিয়াউৰ ৰহমান =অসমৰ বিখ্যাত বাঘ চিকাৰী।
শম্ভু চিকাৰী =টিঙ্কলৰ ভয় পাদুৰা বাঘচিকাৰী।কিন্তু ভাগ্যৰ বলত বাঘ পৰে ফান্দত।
হৰিণা=প্ৰজা।

গায়ত্ৰী দেৱী বৰঠাকুৰ। 
মাৰফৎ-- শৈলেন্দ্ৰ কুমাৰ ডেকা। 
বাসন্তী পুৰ। তেজপুৰ। 
শোণিতপুৰ--784001 
8822943064


পৃষ্ঠা ২৮

নৱবৰ্ষৰ আগমন

পোহৰ-আন্ধাৰৰ বাট নেওচি
আকৌ এটি
নতুন বছৰৰ আগমন ঘটিল,

প্ৰভাতী সূৰুযে কুঁৱলীৰ জাক ফালি পুনৰ ৰ'দ বিৰিঙাব,

উকা কাগজত চিঁঁয়াহীৰ বিবিধ ৰঙৰ তুলিকা আঁকিম, 
জীৱন...
গতানুগতিকতাত আৱদ্ধ !
সপোনবোৰে সুযোগ বুজি নতুন দিশ ল'ব,
আশাবোৰে নতুনকৈ পোখা মেলিব
সময়ৰ স'তে নাওখন চলি থাকিব ভাগৰি নপৰালৈকে..
এদিন
জ্বলি থকা মমডালো জ্বলি জ্বলি শেষ হৈ পুনৰাই এমুঠি
চিৰসেউজ সপোনৰ মাদকতা আনিব।

নিবেদিতা দাস দত্ত
পতীয়া গাওঁ, যোৰহাট


পৃষ্ঠা ২৯

বাঁঁহী

"হেৰ বাহীঁ "
তইয়ে মোৰ আপোন
তইয়ে মোৰ সপোন 
তইয়ে মোৰ ব্যথিত হৃদয়ৰ 
নিৰৱতাৰ 
একমাত্ৰ 
নিঠৰুৱা দাপোন ...

তোৰ সুৰতে 
বিচাৰি পাওঁ 
এক
আশাৰ সপোন ...

তোৰ সুৰে
বোৱাই আনে 
নীলাভ দিগন্তৰ 
অমিয়া প্ৰশান্তি ...

তোৰ সুৰতে 
বিলীন হৈ পৰে 
অভিষ্ঠ মনৰ 
নিৰিবিলি সুখ-শান্তি 

"হেৰ' বাহীঁ 
তোক বৰ ভাল পাওঁ দেহী ।"

বনজিত তালুকদাৰ


পৃষ্ঠা ৩০

কবিৰ প্ৰতি এসাগৰ প্ৰেম


তোমাক ভাল পাওঁ কবি
শোকৰ সুগভীৰ যন্ত্ৰণা লৈও 
ধৈৰ্যৰে চকুপানীৰ  নৈক 
তুমি যে ভেঁটা দিব পাৰা

কবি ভাল পাওঁ তোমাক
কিয়নো নিসংগ হৈও
তুমি গাই যোৱা জীৱনমুখীতাৰ গান

তোমাৰ প্ৰতি অনুৰক্ত মই
শ্ৰমিকৰ ঘামৰ টোপালবোৰ সিঁচি
মুকুতাৰ শৰীৰত সংস্থাপন কৰি
আনিব পাৰা তাৰুণ্যৰ সজীৱতা 

প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যক
মডালসা গাভৰুৰ তন্দ্ৰালসা 
ৰূপেৰে সজােৱা কবিক ভালপাওঁ 
তেওঁ যে
সৰ্বহাৰা জনতাৰ শোকাৰ্ত
আন্ধাৰ ফালি দিনমণিৰ ৰেঙণিৰে
উদ্ভাসিত কৰি তোলে

নীড় মুখী পক্ষীৰ কলকলনিত
স্বৰ্গীয় অপ্সৰাৰ বৰহমথুৰী বুলীয়া
অধৰত হেঁপাহৰ জলছবি আঁকিব জনা
কবিক ভালপাওঁ মই

তুমি যে হৃদয় দুৱাৰ খুলি
শব্দৰ শিকলিৰে মনৰ গোপন পেৰাৰ
দগমগীয়া ভাষা বোৰ 
মুকুতা মণি গাঁথি জিলিকাই তোলা

কবি ভালপাওঁ তোমাক 
তুমি পুৱাৰ বেলিটো আনি
গাভৰুৰ কপালত আঁকিলৈ
অঞ্জন ৰঞ্জিত নয়নত 
প্ৰেমৰ মায়াজাল ৰচিব যে জানা 
সেয়ে তোমাৰ প্ৰতি মোৰ প্ৰেম আজীৱন
আমৃত্যু।

অসমা তুংখুঙীয়া


পৃষ্ঠা ৩১

অনুভৱঃ

ব্যক্তিত্ব

এগৰাকী ২৭/২৮ বয়সৰ মহিলা । লগত আনুমানিক ৭/৮ বছৰৰ এজনী মৰমলগা ছোৱালী । সিহঁতৰ কথা-বতৰাৰ পৰা বুজিব পাৰি  সিহঁত মাক - জীয়েক । ছোৱালীজনীক কিনো পিন্ধাই আনিছে দেখিয়েই টিঙিচকৈ খঙটো উঠি গ'ল । মাকজনীলৈ চালো বাঃ বৰ বেলেগ কায়দাৰে পিন মাৰি শাৰীখন পিন্ধিছে কিন্তু দেই । এক প্ৰকাৰে ক'বলৈ গ'লে আজি দিনৰ আধুনিকা ।
                মাকৰ কথা বাদ বাৰু কিন্তু সৰু ছোৱালীজনীক দেখি মনটো বেয়া লাগি গ'ল । তাইটো একো নাজানে বাহিৰৰ পৃথিৱীখনৰ কথা, তাই  সৰু হৈ আছে । অভিভাৱক সকলে ভাৱে হয়তো সৰু হৈ আছে একো নহয় । কিন্তু এটা কথা সেই সাজ যোৰে তাইৰ মনত প্ৰভাৱ পেলাই । এজনী ছোৱালীৰ সাজ-পাৰে তাইৰ চাল-চলনে এখন ঘৰৰ আদৰ্শ তাইৰ মাক দেউতাকৰ সংস্কাৰ ধৰিব পাৰি । আজিকালি ওলালে বুলিয়েই সৰুৰে পৰাই গাত কপোৰ নথকা নিচিনা কাপোৰ পিন্ধাবলৈ আৰম্ভ কৰে । কিন্তু ভাৱি চোৱা নহয় যদি সেইটো তাইৰ অভ্যাসত পৰিণত হয় ,তাই যে ডাঙৰ হৈও তেনে এসাজ পিন্ধিবলৈ অলপো কুন্ঠাবোধ নকৰিব । এটা কথা হয় মানুহৰ অপৰাধ প্ৰৱণতা চৰিত্ৰত থাকে মানুহৰ মানসিকতাত থাকে কিন্তু আমি জানো বিচাৰিম আমাৰ ছোৱালীজনীক আন কোনোবাই বেয়া চকুৰে চাওঁক আমাৰ ছোৱালীজনীক আনে ঠাট্টা কৰক ।
         
        কোনে কি কাপোৰ পিন্ধিছে কেনেকৈ পিন্ধিছে তাত কবলগীয়া একো নাই । কাৰণ প্ৰতিগৰাকী ব্যক্তিৰ সেইটো ব্যক্তিগত কথা । কিন্তু এসাজ কাপোৰে আমাৰ ৰুচি -অভিৰুচিৰ লগতে আমাৰ ব্যক্তিত্বক পৰিচয় দিয়ে । পোচাক যিয়েই নহওক আমাক যাতে শুৱনী কৰে বিকৃত নকৰে । 

            আধুনিকতা মানে উশৃংখল বা অশালীন নুবুজায় । আধুনিকতা প্ৰকাশ পায় আমাৰ কথা-বতৰা , আচৰণ , শিক্ষা- দীক্ষাৰ মাজেৰে আমাৰ ব্যক্তিত্বত ।
 
       আবুৰতাতহে ব্যক্তিত্ব আৰু সৌন্দৰ্য্য থাকে ।

পূৰ্ণিমা বৰুৱা
জাঁজী , জামুগুৰি


পৃষ্ঠা ৩২

জীৱন কি ?

জীৱন হৈছে এটি অজ্ঞাত কবিতা, সুখ-দুখ, হাঁহি কান্দোনেৰে সন্নিৱিষ্ট এডাল ৰেখা। যাৰ কোনো স্থিৰতা নাই, গতিশীল ।
কাৰোবাৰ যদি সুখ কাৰোবাৰ আকৌ দুখ, কোনোবাই যদি হাঁহি আছে কোনোবাই আকৌ কান্দি আছে । জীৱন এনেকুৱাই । হয়তো জীৱন কাৰোবাৰ বাবে সহজ কিন্তু কাৰোবাৰ বাবে বৰ কঠিন। কাৰ জীৱন কিমান সুন্দৰ কৈ উপস্থাপন কৰি তুলিব তাক গুৰুত্ব দিব নিজৰ ওপৰত। জীৱনটো সুন্দৰকৈ উপভোগ কৰিবলৈ গুৰুত্ব দিয়ক নিজক। নিজক সোধা, মই কোন ? মই বৰ্তমান কি কৰি আছো ? এইটো কৰিলে ভৱিষ্যতে মই কিমান সফল হম ? প্ৰশ্ন কৰা নিজক।
জীৱনৰ লক্ষ্য এইটো ৰাখিবা যিটো কাম তুমি কৰিব পাৰা। যিটো তোমাৰ প্ৰতিভা । যিটো কাম তুমি কৰিব নোৱাৰা তাত সময় নষ্ট নকৰিবা। মানুহে তোমাক এইটো কৰা সেইটো কৰা তেতিয়া সফল হ'বা বুলি আঙুলিয়াব কিন্তু তেওঁ তোমাক কেনেকৈ কৰিবা সেইটো শিকাই নিদিয়ে । হয়তো শিকাব মাথোঁ কথাৰে। যিটো কাম কৰাৰ তোমাৰ মন নাই সেইটো কামত তুমি কেতিয়াও সফল হ'ব নোৱাৰা। মনত ৰাখিবা জীৱনত যিকোনো কৰিবলৈ এই তিনিটা খুবেই প্ৰয়োজন আত্মবিশ্বাস, বুদ্ধি আৰু আশা সেয়ে যিটো কাম তুমি কৰিব বিচাৰা তাক ভালকৈ দায়িত্বশীলতাৰে কৰি যোৱা সফল হ'বাই।
তাৰ মাজতে হাজাৰ জনে হাজাৰ দৰে ক'ব কোনোৱে ভালকৈ ক'ব কোনোৱে আকৌ বেয়াকৈ ক'ব। তুমি সকলো বাধা নেওঁচি আগুৱাই যাবা।
জীৱনত দুখ থকাটো স্বাভাৱিক দুখৰ সময়ত নিজৰ প্ৰতিভাক অভিকেন্দ্ৰ কৰা। বন্ধুৰ বিপৰীতে শত্ৰু থকাটো স্বাভাৱিক । তোমাৰ শত্ৰুবোৰক অস্ত্ৰৰে  দমন নকৰিবা তোমাৰ প্ৰতিভাৰে দমন কৰা। এনেকুৱা কৰা যিজন শত্ৰুৱে তোমাক তাৰ দুচকুৰে চাব নোখোজে এদিন সেই দুচকুৰে তোমাক চাবলৈ বিচাৰে। যিখন মুখেৰে তোমাক বেয়াকৈ কয় এদিন সেইখন মুখেৰে তোমাক প্ৰশংসা কৰে। যি দুখন হাতেৰে তোমাক মাৰিব খুজিছিল সেইদুখন হাতেৰে তোমাক আদৰিবলৈ তালি বজায়। যি দুখন ভৰিৰে তোমাক মাৰিবলৈ আহিছিল সেইদুখন ভৰিৰে তোমাক লগ কৰিবলৈ আহে। তেতিয়া তুমি নিজক কবা মই ধন্য।

জীৱনত সুখ-দুখ থাকিবই। সুখত হাঁহো আৰু দুখত কান্দো। মনত ৰাখিবা সুখত অহংকাৰী নহ'বা আৰু দুখত দুৰ্বল নহ'বা। আমাৰ জীৱনলৈ দুখৰ দিনবোৰ এই বাবে আহে তুমি কিমান আত্মবিশ্বাসী আৰু কিমান শক্তিশালী জুখিবৰ বাবে আৰু সুখৰ দিনবোৰ এই বাবে আহে তুমি কিমান অহংকাৰী আৰু কিমান মানৱতাবাদী তাক জুখিবলৈ। সদায় দুখত থকা মানুহজনে জীয়াই থকাৰ ইচ্ছা হেৰুৱাই পেলাই মানুহৰ জীৱনৰ প্ৰতি ঘৃণা ভাৱ সৃষ্টি হয় আৰু সদায় সুখত থকা মানুহ জনে দুখ কি বুজি নাপায় মানৱতা হেৰাই যায়। সেয়ে সুখ-দুখ সমানে উপভোগ কৰিব লাগে।
প্ৰত্যেক জন মানুহে এইজন মানুহক মনত ৰাখে যিজনে দুখৰ সময়ত কান্ধত হাত দিয়ে। তুমি সুখত তাক সংগ দিছা তেন্তে দুখতো তাক সংগ দিয়া। জীয়াই থকাৰ সাহসকণ পাব। কেতিয়াবা আনৰ দুখৰ সমভাগী হোৱা তেতিয়াহে তোমাৰ দুখতো কাৰোবাৰ সঁহাৰি পাবা। কিয়নো ভাল দিন বেয়া দিন সকলোৰে জীৱনত আহে। জীয়াই থাকোতে তাক প্ৰসংসা কৰা মৰাৰ পিছত Facebook নতুবা WhatsApp ত "RIP" লিখি কান্দি থকা emoji কেইটা মান লগাই ষ্টেটাচ আপডেট দি লাভ নাই।

তুমি কেতিয়াবা অহংকাৰ কৰা ?  তেন্তে শুনা, জীৱনটো তোমাৰ কিন্তু তুমি জানা কাইলৈ তোমাৰ জীৱনত কি হ'ব লগা আছে ? নাজানা, কোনেও নাজানে তেন্তে এই অহংকাৰ কিহৰ বাবে ? কেতিয়া কাৰ‌ কি হয় কোনো ঠিক নাই, সেয়ে জীয়াই থকা দিনকেইটা সকলোৰে লগত হাঁহি ধেমালিৰে অতিবাহিত কৰা।
দুখ কোনেও নিবিচাৰে কিন্তু সুখ বিচাৰি হাবাথুৰি খায় । সুখ ক'ত আছে জানা ? সুখ তোমাৰ নিজৰ লগতে আছে। জীৱনত সুখী হ'বলৈ, নিজৰ উপাৰ্জনেৰে যি পাইছা তাক লৈয়ে সন্তুষ্ট  হোৱা আৰু মনৰ পৰা হিংসা ভাৱ ত্যাগ কৰা। তেতিয়া দেখিবা তুমি সঁচাকৈ বহুত সুখী।।

বিব্ৰত অনুপল মৰাণ


পৃষ্ঠা ৩৩

ভ্ৰমন কাহিনীঃ

মোৰ ভ্ৰমন ডায়েৰী ৯ঃ

গোৱা

যোৱা সংখ্যাৰ পিছৰ পৰা

(দ্বিতীয় খণ্ড) 

        Bernaullium Beach ৰ পৰা ল'ৰা-ছোৱালীজাকক লৈ আমাৰ পুৰুষৰ দলটো উভতি আহিল ৷ কিন্তু ল'ৰা-ছোৱালীবিলাকক উদাস হৈ থকা যেন লাগিল ৷ সোধোঁতে গোটেইকেইটাই একে গোচৰ তৰিলে ৷
 "আমাক পানীত নামিব নিদিলে ৷ " 
    সিহঁতক বুজাই ক'লো যে সিহঁত যেতিয়া আমাৰ লগত যাব তেতিয়া পানীত নামিবলৈ পাব ৷ 
      এইবাৰ খোৱা-বোৱাৰ পর্ব আৰম্ভ হ'ল ৷ সকলোৱে ৰান্ধনীসকলৰ প্রশংসাত পঞ্চমুখ হ'ল ৷ খাই উঠি পিছে ভিতৰত সোমাই থাকিবৰ মন নগ'ল ৷ সন্ধিয়া গোটেইজাক ওলালো Bernaullim Beach লৈ ৷ তাত ভাৰাত স্কুটাৰ পোৱা যায়, আমি পিছে খোজ কাঢ়িহে গ'লো ৷ সাগৰৰ পানী দেখা পোৱাৰ লগে লগে ল'ৰা-ছোৱালীজাকৰ আনন্দৰ সীমা নোহোৱা হ'ল ৷ সিহঁত পানীত নামিলেই ৷ আমিও সিহঁতৰ লগে লগে সাগৰৰ পানীত নামি পৰিলো ৷ দেহ মন ৰোমাঞ্চিত কৰা ঢৌবোৰ দেখি ভয়ো লাগিল, ভালো লাগিল ৷ 
      উভতি আহোঁতে পলম হ'ল ৷ সাগৰৰ বালি লাগি থকা কাপোৰবোৰ ধুই-পখালি ল'লো ৷ তাৰ পাছত ৰন্ধন আৰু খোৱাৰ পর্ব সমাপন কৰা হ'ল ৷ ৰাতি শোওঁতে বৰ পলম হ'ল ৷ কাৰণ ল'ৰা-ছোৱালীবিলাকে বহুদিনৰ মূৰত ইটোৱে সিটোক লগ পাইছে বাবে খেলাত মগ্ন হৈ পৰিছিল ৷ আনকি আমিও বাই-ভনীকেইজনী বহুদিনৰ মূৰত একেলগ হ'বলৈ পাই মনৰ কথাবোৰ পতাত ব্যস্ত হৈ পৰিলোঁ ৷ ভাইবোৱাৰী কেইজনীয়েও আমাৰ বাই-ভনীৰ মেলত সোণত সুৱগা চৰালে ৷ মা'ও কিছুপৰ আমাৰ মেলত বহিছিল ৷ পুৰুষসকলৰো বেলেগ এখন আড্ডা বহিছিল ৷ শোৱাৰ নামত কেৱল দেউতাহে সোনকালে শুই পৰিছিল ৷ 
          পুৱা পিছে উঠোঁঁতে বৰ পলম নহ'ল ৷ দৈনন্দিন কামবোৰ সোনকালে সামৰি চাহ-জলপান খাই 'ট্রেভেলাৰ'খনেৰে ফুৰিবলৈ ওলালো ৷ মিল্টনে আজি আমাক South Goaৰ 'টুৰিষ্ট' ঠাইবোৰ দেখুৱাবলৈ লৈ যাব ৷ 
          প্রথমতে আমি গ'লো দক্ষিণ গোৱাৰ ডাঙৰ পার্ক এখনলৈ ৷ পার্কখন পাহাৰীয়া ঠাইত আছিল ৷ তাত হৰিণা আৰু শহা পহু দেখা পালোঁ ৷ ঠায়ে ঠায়ে কিছুমান মূর্তি সজাই থোৱা আছিল ৷ এঠাইত সংৰক্ষণ কৰি থোৱা শিলত ডাঙৰ খোজ এটি দেখা পালো ৷ সেইটো হেনো পৰশুৰামৰ খোজ ৷ পার্কখনৰ ভিতৰত সৰু সংগ্রহালয় এটাত সোমাই বিভিন্ন আপুৰুগীয়া সংগ্রহ দেখিবলৈ পালো ৷ 
          পার্কখনৰ পৰা ওলাই অহাৰ পাছত মিল্টনে আমাক দক্ষিণ গোৱাৰ এটি ডাঙৰ আৰু পুৰণি সংগ্রহালয়লৈ লৈ গ'ল ৷ তাত যথেষ্ট আওপুৰণি সংগ্রহ দেখিবলৈ পালো ৷ এই সংগ্রহালয়ৰ ভিতৰত হেনো কেবাখনো বোলছবিৰ 'শ্বুটিং' হৈছে৷ 'দৃশ্যম' নামৰ হিন্দী বোলছবিখন হেনো তাতে 'শ্বুটিং' কৰা হৈছিল ৷ শ্বুটিঙৰ কিছুমান ফটোও বেৰত আঁৰি থোৱা আছিল ৷ 
        অৱশ্যে পার্ক আৰু সংগ্রহালয় দেখাই ফুৰা বাবে ল'ৰা-ছোৱালীজাক বিৰক্ত হৈ পৰিছিল ৷ সিহঁতক লাগে Beach !
         সংগ্রহালয়ৰ পৰা ওলাই অহাৰ পাছত মিল্টনে আমাক  UNESCO listed Baroque Catholik Church লৈ গ'ল ৷ মাজ বাটতে মাজু ভনীজোঁৱাইৰ ফোন আহিল ৷ যে সি 'গোৱা' আহি পােৱা বুলি জনালে ৷ আমাৰ লগত গীর্জাঘৰৰ সমুখতে লগ ধৰিব বুলি ক'লে ৷ 
মাজু ভনীজোঁৱাইক লগ ধৰি আমি গীর্জাঘৰৰ ভিতৰলৈ সোমাই গ'লো ৷ এই গীর্জাঘৰৰ ভিতৰত Basilica Of Bom Jesusৰ পার্থিৱ দেহাটোক এতিয়ালৈ সংগ্রহ কৰি ৰাখিছে ৷ এই গীর্জাঘৰটো বহু বছৰ পুৰণি ৷ মোৰ মনত পৰিল ১৯৯৬ চনৰ অক্টোবৰ মাহৰ কথা ৷ তেতিয়া মই 'গ্রেজুৱেচন'ৰ চূড়ান্ত পৰীক্ষা দি NCC ৰ এটা কেম্পলৈ বাঙ্গালোৰলৈ গৈছিলোঁ ৷ তেতিয়া এদিনৰ বাবে 'কেডেট'সকলক 'গোৱা' ফুৰাবলৈ লৈ আহিছিল ৷ আমি তেতিয়া এই গীর্জাঘৰটোৰ লগতে কোনোবা দুখন Beachলৈকো গৈছিলো ৷ ( Beach ৰ নাম এতিয়া মনত নাই ৷) 
        গীর্জাঘৰটো আৰু তাৰ সংগ্রহালয়টো বৰ বিশাল ৷ সকলোৱে ভালদৰে ঘূৰি-পকি চালো ৷ তাৰ পাছত প্রার্থনা ঘৰটোত সোমালোঁ ৷ 
      গীর্জাঘৰটোৰ পৰা ওলাই অহাৰ পাছত মিল্টনে আমাক Donapaula Beach লৈ লৈ গ'ল ৷
(ক্রমশঃ)

শৰ্মীষ্ঠা বৰ্মন


পৃষ্ঠা ৩৪

নীলাখামৰ চিঠি ঃ
 
প্ৰতি
        মৰমৰ
 
বগাগৈ কপালত ৰঙাকৈ আদিত্য .....     

                    'এজন ভাল বন্ধু হ'ব পাৰিবা কিন্তু  এজন ভাল  বয়ফ্ৰেইণ্ড কেতিয়াও হ'ব নোৱাৰা '।তোমাৰ এই অভিশাপে মোক  আজিও  আমনি কৰে । আচলতে মোৰ ভুল ক'ত সদায় সোধোঁ এই তোমাৰ অভিশাপযুক্ত বাক্যটিক  । কিন্তু উত্তৰত সদায় প্ৰশ্ন আহে মোলৈ আৰু দুচকুৰ নদীত ডুব যাওঁ । গাৰুটো বুকুত লৈ । ভিজা গাৰোটোক প্ৰমাণ হিচাপে লৈ ।
শুনা ,বুকুৰ প্ৰতিটো কোঠালিত এতিয়াও তোমাৰেই ছবি । মোৰ ভুল ক'ত ..? তুমি প্ৰতিটো sms ৰ শেষত " l Love you "বুলি কোৱা  আৰু মই  হাঁহি এটা মাৰি থৈ দিওঁ । কোনো দিনেই মই তোমাৰ দৰে ক'ব নোৱাৰিলো । তুমিতো মোক "অহংকাৰী" বুলিয়ে ঘোষণা কৰিলা । আচলতে মই অহংকাৰী নহয় । তুমিতো জানাই, মই কথা অলপ কমকৈ কওঁ । তথাপিও তুমি মোক নুবুজিলা । তোমাক হয়তো বুজাবলৈ যত্নই নকৰিলোঁ নে তুমি ভাল পোৱাই নাছিলা মোক ,সেই শোকে মোক উশাহ ল'বলৈ নিদিয়ে উৰে ৰাতি ।
          বুজিছা , প্ৰেম ঈশ্বৰৰ  অৱদান  । যাক আমি পাইও হেৰুৱালো । আচলতে দুৰ্ভগীয়া কোন তুমি.. নে মই ..? কাৰ সুখৰ বাবে তুমি মোৰ পৰা আৰু মই তোমাৰ পৰা আঁতৰ হ'লোঁ ।কাৰ সুখৰ বাবে ..? কথাবোৰ ক'ব নোৱাৰাৰ দুখত ষ্টেটাচৰ সঁহাৰি লওঁ ।হৃদয়ৰ টুকুৰা কবিতাৰে
   ...কিমান শতাংশ ভাল পালে তুমি সুখী হ'বা
      সদায় ভাৱোঁ 
       নিজৰ প্ৰশ্নত নিজে অভিমান কৰোঁঁ.....

তোমাকতো মই কোনো দিনেই আমনি কৰা নাছিলোঁ ।কৰিছিলোঁ জানো স্পষ্টকৈ ক'বা  তুমি ? তোমাৰ পঢ়াত কিবা প্ৰভাৱ পৰিব বুলি ভাবিয়েই মই কোনোদিনে তোমাক নিশা এছ .এম.এছ কৰা নাছিলোঁ ।মাথোঁ সোধোঁ, কি কৰিছা ..? তুমি উত্তৰ দিয়া পঢ়িব লৈছোঁ .. ঠিক আছে হ'ব দিয়া এই বুলি কৈ তুমি অনলাইন অহালৈ বাট চাই ৰওঁঁ নিশা এক দুই বজালৈ । মাথোঁ ' ধুনু শুই থাকা এতিয়া 'বাই' বুলি ক'বলৈ  ।তাত মোৰ কি ভালপোৱা নাছিল নেকি ! এবাৰ  নিজক সোধোঁ আৰু আনবাৰ তোমাক ..! তথাপিওচোন উত্তৰহীন মই ।
তোমাকতো মই কোনোদিনেই  সন্দেহ কৰা নাছিলোঁ ।তুমি অনলাইন থাকা মই একো নকওঁ ।কাৰণ থাকিব পাৰা , তোমাৰো বহুতো ব্যক্তিগত কাম থাকিব পাৰে সেইবুলিয়েই ...
তোমাক যেতিয়াই ফোন কৰোঁ তেতিয়াই ঘোষণা কৰে" আপুনি যিটো নম্বৰলৈ ক'ল কৰিছে তেওঁ বৰ্তমান অন্য এটা ক'লত  ব্যস্ত আছে" তাতো মোৰ কোনো আপত্তি নাছিল কাৰণ মোক লগ  পোৱাৰ আগতে তোমাৰো বহুত বন্ধু - বান্ধৱী আছিল ,বহু চিনাকি আছিল   ,নিজস্ব পৰিয়াল আছে ,ককাই- ভাই, মহা-মাহী ,খুড়া -খুড়ী, বৰ্ত্তা -বৰ্মা ...এইদৰেই আৰু বহুতো  আৰু থকাটো স্বাভাৱিক লগতে তুমি এগৰাকী শিক্ষিত ছাত্ৰী তেজপুৰ বিশ্ববিদ্যালয়ৰ ।সেই হিচাপেও তোমাৰ বহু শিক্ষাগত  দিশৰ কাম আছে আৰু থাকিব পাৰে সেইবাবেই ।সেইবাবেই তোমাক কোনো দিনেই  সোধাই নহ'ল তুমি ক'ত ব্যস্ত ..সঁচা অৰ্থত কোনোদিনেই নিজক সুযোগ দিয়াই নহ'ল সম্পৰ্কত কিবা প্ৰভাৱ পৰে বুলি  ।এইখিনিতে উজ্জ্বল পাওগামৰ কবিতালৈ মনত পৰে 
     "তুমি যাওঁ বুলি নক'বা 
     তোমাক বিদায় জনাব নোৱাৰোঁ.. ।" হয়তো এই বাবেই । কোনো আক্ষেপ নাছিল তুমি যেনিয়ে যাওঁ বুলি কোৱা সেই ঠাইলৈকে তোমাক যোৱা বুলি কওঁ । হয়তো হৃদয়ৰ কোঠালি বোৰত তুমি বিশ্বাসী প্ৰেমিক হৈ ৰৈছিলা । তাতেই মই সুখী । তুমি মোক কৈ গৈছিলা বায়দাতা সমূহ । কেতিবায়া প্ৰশ্ন হয় তুমি মোক কৈ যোৱা বান্ধৱীঘৰলৈকে গৈছানে সন্ধিয়া ! প্ৰশ্ন বোৰ প্ৰশ্ন হৈয়েই থাকি যায় । মাথোঁ মৌ সনা মাতৰ বাবেই তোমাৰ ।

       ....সুখৰ সংজ্ঞা কি সেয়া নাজানোঁ 
           তথাপিও সুখৰ কথা কওঁ 
           সুখৰ কথা পাতোঁ 
          তুমি.. মই ..আমি হোৱাৰ সপোনত
           ছবি আঁকো জীৱনৰ .....
হেঁপাহৰ ঘৰ এখন সাজিম বুলি কৈছিলোঁ ।তুমি শুনিছিলা ।উত্তৰো দিছিলা ,সময়ো দিছিলা মইয়ো সময় দিছিলো তোমাক ।২০২৪ বৰ্ষ লৈকে ।ইয়াৰ পাছতো যদি তোমাক সময়ৰ প্ৰয়োজন হয় ল'বা । এনেদৰেই সময়বোৰ  সোণালী হৈ গৈ আছিল , এদিন দুদিনকৈ ছয় মাহৰ six months anniversary পালন কৰিলো । সময় হেনো বৰ নিষ্ঠুৰ ।আচলতে কাক দুখ দিম সময়ক নে নিজক ..! ক'ত জানো পাইছিলোঁ , আজি মনত পৰিছে কথাষাৰ "প্ৰতি গৰাকী নাৰীৰ হৃদয়ত দুজন পুৰুষ থাকে ,এজন আশাৰ আৰু আনজন কল্পনাৰ ।আশা কৰা জন কোনোবাই পাই ,কোনোবাই নাপাই ।কিন্তু কল্পনা কৰাজনৰ কাহানিও জন্মই নহয় " হয়তো মই তোমাৰ কল্পনাৰ আছিলোঁ , যি তোমাৰ হৃদয় গৰ্ভত জন্মই লোৱাই নাছিলোঁ ।
এটা কথা আজি প্ৰমাণ পালোঁ জানা মানুহৰ মনবোৰ ফুলৰ দৰে -সঠিক সময়ত পানী নিদিলে মনো মৰহি যাব পাৰে ।এয়া মই মানি লৈছোঁ আজি ।সঁচাকৈ । 
শুনা বহুতে কয় ,, ল'ৰাবোৰে কান্দিলে হেনো শোভা নাপায় ।ল'ৰাবোৰৰ জানো এখনি হৃদয় নাই ,ল'ৰাবোৰৰ কি  আবেগ অনুভূতি নাই ,আমি বোৰে যদি কান্দিবই নোৱাৰো তেনে চকুযুৰি দিছিল কিয় ..! মহান ব্যক্তি সকলে কয় 'চকুপানী খিনিৰ বাবেই বোলে চকুহাল ধুনীয়া' ।এৰা চকুপানী । এটা কথা কি জানা আজিও তোমালোকে ৰৈ আছোঁ আশাৰে  ,ৰৈ থকাৰো বোলে  এটা ধুনীয়া সৌন্দৰ্য্য আছে ..কিমান সঁচা সেয়া নাজানো । কাৰণ ইতিবৃত্তবোৰে এতিয়া সকলো শিকাইছে বুজাইছে । জ্বলাই আছে মাথোঁ পুৰি ছাই হোৱালৈ ।আকৌ নিজকে প্ৰশ্ন কৰোঁ স্মৃতি বোৰ জানো জুইত জাহ যাব ।হয়তো নাযায় । আকৌ তোমাকে ভাল পাই পেলাওঁ স্মৃতিবোৰ আনি বুকুত গুজি থওঁ । থাকক দিয়া ।বয়সৰ লগে লগে স্মৃতিবোৰো বৃদ্ধ হ'ব ।জীৱনৰ শেষ সময়খিনিত কোনো কাষত নাথাকিলেও স্মৃতি বোৰেই মোৰ সহাঁৰি হ'ব ..কঁকাল পৰা বয়সত লাখুটি হৈ ৰ'ব ।গতিকে থাকক দিয়া মোৰ বুকুতে  থাকক , মোৰ শুকান ঘামবোৰ জুই উষ্ণতাত ভাপ হোৱাৰ দিনলৈ । তুমি চিন্তা নকৰিবা মই, তুমি ভবাৰ দৰে নহয় । আজিও ভাল পাওঁ তোমাক । সেই আগৰ দৰেই নিশব্দৰে ..মৌনতাৰে ..। মাথোঁ সলনি হৈছে চুলিৰ ৰং বোৰ , গাৰ ছাল খিনি আৰু তুমি ভালপোৱা গুলপীয়া ওঁঠৰ ৰং কেতিয়াবাই ক্ষয় হৈছে ..তোমাৰ মোৰ যুগ্ম হাঁহিটিৰ অনুপস্থিতিত ।  
  
থাকক দিয়া আৰু নিলিখোঁ একো,বহুত লিখিলো কিবা কিবি ।বহুত সময় হ'ল এতিয়া ,সময়বোৰ সলনি হোৱাৰ বাবেই ।দেখিছানে অতপৰে মোৰ অনৰ্গল কথাবোৰকে কৈ থাকিলোঁ  তোমাৰ একো কথা  সোধাই ন'হলে ।বাৰু কেনে আছা তুমি ..?  ভালে আছা  নিশ্চয় ..ভালেৰে থাকিবাতো ন'  -- বগাকৈ কপালত  ৰঙাকৈ আদিত্য ,কাষত ধনী দেশৰ দৰা  । ভালে থাকা । ঈশ্বৰে মংগল কৰক তোমালোকক হৃদয়ৰে কৈছোঁ । 
চিঠি পালে উত্তৰ দিবা ।মিছা নকওঁ তোমাৰ প্ৰতি কিঞ্চিত মানো খং অভিমান নাই মোৰ। কেতিয়াবা লগ পাম দিয়া তোমালোকৰ যুগলবন্দীৰ বাস্তৱ ৰূপত । আকৌ আশীৰ্বাদ কৰিছোঁ কুশলে থাকা তোমালোক ।নতুন নতুন সপোনে গজালি মেলক । আজিলৈ এৰিছোঁ ....

                                   ইতি 
                          তোমাৰ স্বপ্ননীল

ৰিতু ভঁৰালী


পৃষ্ঠা ৩৫

গল্পঃ

মুক্ত বিহঙ্গ
     
          ডিচেম্বৰ মাহ। বাহিৰত  ঘন কুঁৱলী পৰিছে। এনে ঠাণ্ডাত ৰাতিপুৱা সাধাৰণতে খুব সোনকালে বিছনা এৰাটো সহজ নহয় যদিও এনিশাই  এই অস্বস্তিকৰ কামটো সদায় কৰে। আজিও তাই সোনকালেই উঠি চোতালৰ একাষে থকা ফুলনি খনলৈ চালে । নিয়ৰত ভিজি থকা ফুলৰ পাপৰিবোৰে তাইক যেন দিনটোৰ বাবে  প্ৰদান কৰে এক অদম্য শক্তি ।   দৈনন্দিন ৰুটিন অনুসৰি বাহি চোতাল সৰাৰ পৰা ৰাতি  শোৱাৰ সময়লৈকে যাৱতীয় সকলো কাম-কাজৰ দায়িত্ব এনিশাৰ ওপৰতেই পৰে।   ইয়াৰ মাজতো মাহীমাকৰ কটূক্তি, দেউতাকৰ অৱহেলা আৰু  তেওঁলোকৰ  আদৰুৱা জীয়েক মালাৰ ঠাট্টা- মস্কৰাবোৰ তাই নিৰৱে সহ্য কৰি যায়।    মাকে এৰি থৈ যোৱাৰে পৰা আজি দহ বছৰে তাইক পৰিস্থিতিয়ে বহু কথা শিকাই গৈছে ।  এইবাৰ তাই  স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী।  ঘৰুৱা কাম-কাজৰ তাগিদাত পঢ়াৰ সময় নাপায় যদিও এতিয়ালৈকে সকলো পৰীক্ষাতে ভাল ফলাফলেই পাই আহিছে। 
          আজি দেওবাৰ। আনদিনাতকৈ আজিৰ কামৰ ৰুটিন খন অলপ  দীঘলীয়া।  লৰালৰিকৈ  মুখখন ধুই তাই সকলোৰে বাবে  ৰুটী-চাহ  কৰি ভাগে ভাগে দি থৈ  আহিল। নিজেও লৰালৰিকৈ চাহ কাপ খাই ঘৰটো চাফা কৰি ল'লে।  কাপোৰবোৰ চাৰ্ফত দি  ঘৰ মচিম বুলি  মনতে ভাৱি লৈ কুঁ‌ৱাৰ  পাৰত  গোটাই থোৱা বাচন বোৰ ধুবলৈ বহিল। খন্তেক পিছতেই  ভনীয়েক মালাৰ চিঞৰত তাই হাতখন ধুই ভিতৰ পালেহি।  মালাৰ মুখামুখি হোৱাত তাই কূটিল  হাঁহি এটা  মাৰি ক'লে- "যাওক  মহাৰাণী,  আপোনাক বিচাৰি কোনোবা আহিছে ?"   কোন আহিছেনো বুলি তাই পৰ্দাৰ ফাকেৰে  জুমি চাই দেখিলে, তাইৰ লগৰ নেহা আৰু সৌৰভ বহি আছে।   চুলি খিনি অলপ থিক কৰি তাই দ্ৰয়িং ৰুমলৈ সোমাই গ'ল।  নেহাই তাইক দেখি   সুধিলে-" কি কৰি আছিলা এনি ? তুমি এতিয়ালৈকে গা ধুৱাই নাই ? বৰ লেতেৰী  দেই-----"  নেহাৰ কথাত তাইৰ মুখত মিচিকিয়া হাঁ‌হি এটা বিয়পি পৰিল আৰু লাহেকৈ ক'লে- "আজি যে দেওবাৰ, সেয়ে অলপ দেৰি হ'ব গা ধুওঁঁতে।   চাফ-চিকুণৰ কামবোৰ থাকে যে। "  নেহাই প্ৰকাশ কৰিব নোৱাৰা এক অবুজ বেদনা সিক্ত নয়নেৰে এনিশালৈ চালে।  কি যে  এক যন্ত্ৰণা গধুৰ জীৱন পাৰ কৰিছে এনিশাই।   নেহা আৰু এনিশা সৰু কালৰ পৰাই বান্ধৱী। এনিশাৰ মাকে  মৃত্যুৰ সময়ত  তাইক নেহাৰ মাকৰ ওচৰত গতাই থৈ কৈছিল- "এনিক নেহাৰ দৰেই মৰম কৰিবা, তাইক কোনোদিনে অকলশৰীয়া অনুভৱ হ'বলৈ নিদিবা।" সেয়েহে  নেহাই মাকৰ  কথামতে এনিশাক আজিও অকলে এৰি দিয়া নাই।  অৱশ্যে সৌৰভৰ লগত এনিশাৰ  কলেজত হে  চিনাকি। এনিশা, নেহা আৰু সৌৰভৰ মাজত এক এৰাব নোৱাৰা বন্ধুত্বৰ সম্পৰ্ক আছে। ইমান সময়ে কোঠাটোৰ  চুকৰ চোফাখনত নীৰৱে বহি থকা  সৌৰভে মাত লগালে- "আমি পিছে বিশেষ এটা কামত হে ইমান ৰাতিপুৱাই তোমাৰ ওচৰলৈ আহিছো। বেছি দেৰি নকৰো। তোমাৰ দৰে আমাৰো আজি বহুত কাম আছে।"  বিশেষ কামটোনো কি সেইকথা  জানিবলৈ এনিশাই নেহা  আৰু সৌৰভলৈ  চালে । নেহাই আৰম্ভ কৰিলে- " শুনা,  কাইলৈ ডিচেম্বৰ মাহৰ শেষ তাৰিখ । আমাৰ বিভাগে এটা পিকনিক খোৱাৰ কথা ভাৱিছো। কালি তুমি কলেজলৈ নোযোৱাৰ বাবে  তোমাক ঘৰতে খবৰটো দিবলৈ আহিলো।  তুমি কিন্তু নাযাওঁঁ বুলি ন'কবা।   কাৰণ, তুমি ন'গলে আমি এটাও নাযাওঁঁ। " নেহাই একে উশাহে কথাখিনি কৈ এনিশাৰ মুখলৈ চালে। তাইৰ কথা শুনি এনিশাই অলপ পৰ মৌন হৈ ৰ'ল আৰু  লাহেকৈ ক'লে-"পিকনিক বুলি ক'লে  যাবলৈ মোৰো মন নোযোৱা নহয়, কিন্তু  মই যাব নোৱাৰিবও পাৰো। আৰু মই নগ'লে  তোমালোকো নাযাওঁঁ  বুলি  কোৱাতোহে  বেয়া কৰিছা। তোমালোকেতো জানাই একমাত্ৰ কলেজৰ বাহিৰে এইখন ঘৰৰ পৰা ক'ৰবালৈ  ওলাই  যাব পৰাতো  মোৰ বাবে বৰ ভাগ্যৰ কথা। লগতে পিকনিক বুলি ক'লে  পইচাৰ কথাও আহি পৰে। সেইবাবে---"
         নেহাই সৌৰভৰ চকুলৈ চালে। এইবাৰ সৌৰভে এনিশালৈ চাই ক'লে -  "তুমি এনেদৰে ক'বা  বুলি মই আগতেই সন্দেহ  কৰিছিলো,  পইচাৰ কথা তুমি চিন্তা ন'কৰিবা।  তুমি মাত্ৰ ওলোৱা।  আমি  ফুৰ্তি কৰিবলৈহে যাম।  ঘৰতটো সদায় খাইয়েই আছো।  মই যে তোমাক এদিনো ফুৰ্তিত থকা নেদেখো , সেইবাবে ভাৱিছো  এনেকুৱা এটা  আনন্দৰ উৎসৱলৈ এইবাৰ তোমাকো টানি নিম।"  দুয়ো  বন্ধু-বান্ধৱীৰ কথাৰ পাকত পৰি এনিশা উপায়বিহীন হ'ল।  এফালে  মাহী মাকৰ তিক্ততাপূৰ্ণ কাঢ়া শাসন আৰু অন্যফালে নিজৰ আন্তৰিক বন্ধু-বান্ধৱীৰ  কাতৰ অনুৰোধ।  এনে সময়তে  সৌৰভে হাতৰ ঘড়ীটো চাই ক'লে - "নেহা ব'লা যাওঁ‌।  আমাৰ হাতত সময় বৰ কম। কাইলৈৰ বাবে বজাৰ -সমাৰ কৰাকে ধৰি গাড়ী  বন্দৱস্ত কৰালৈকে বহুতো কাম পৰি আছে।"  সৌৰভৰ কথাত নেহা যাবলৈ ওলাল। তাই সিহঁত দুটাক পদুলিলৈকে আগবঢ়াই দিলে। যাবৰ পৰত নেহাই তাইক বাৰে বাৰে  কৈ গ'ল। তাই যেন পিছদিনা পুৱা  সাত বজাৰ আগতেই  কলেজ ফিল্ডলৈ যায়। 
          "কুঁ‌ৱাৰ পাৰত যে  অতবোৰ বাচন পেলাই থৈছে, কাপোৰ দ'ম যে চাৰ্ফ দিয়া আছে ? সেইবোৰ মহাৰাণীয়ে  পাহৰিলেই হ'বলা।  আহিছিল নহয় কোনোবা এহাল ৰাতিপুৱাই  কথাৰ মহলা মাৰিবলৈ।" পাকঘৰত সোমাই  থকা মাহীমাকৰ বজ্ৰকঠিন শব্দ কেইটা  এনিশাৰ কাণত পৰিল।  আৰু তাই  নীৰৱে  লৰালৰিকৈ এৰি যোৱা কামবোৰ কৰিবলৈ ধৰিলে। কামৰ ফাঁঁকে  ফাঁঁকে তাই  ভাৱি থাকিল  নেহা আৰু সৌৰভে কৈ যোৱা কথাটো ঘৰত কি দৰে উলিয়াব পাৰি। আবেলি অকমান সময় আজৰি পাই  তাই কিতাপ এখন হাতত লৈ বাৰান্দাতে বহিল। কিতাপ খন মেলি ল'লে  যদিও তাই একে  খিনি কথাকে মনৰ ভিতৰত পাগুলি থাকিল। খট্ কৈ হোৱা শব্দত তাই পদূলিলৈ চালে।  বজাৰ কৰি দেউতাক ঘৰলৈ ঘূৰি আহিছে। এনিশাই আশাৰে কিবা এটা সুধিম  বুলি থিয় হৈ দেউতাকলৈ চাওঁতে দেউতাকে গুৰুত্বহীন ভাৱে কাষেদি পাৰহৈ  মালাক মাতি মাতি ভিতৰলৈ সোমাই গ'ল। অজানিতে এনিশাৰ চকুৰ পৰা দুটোপাল অশ্ৰু বাগৰি আহিল। তাই সংযত হৈ  সন্ধিয়াৰ চাহ  দিবলৈ পাকঘৰলৈ গ'ল। চাহ বাকি থাকোতে  হঠাতে তাইৰ মনত পৰিল যে সৌৰভ আজি প্ৰথম বাৰৰ বাবে সিহঁতৰ ঘৰলৈ আহিছিল। নেহা অৱশ্যে আহিয়েই থাকে। তাই সিহঁতৰ লগত কথাহে পাতিলে। প্ৰথম বাৰলৈ অহা বন্ধু সৌৰভক তাই চাহ একাপো নাযাচিলে। কথাটো এতিয়া ভাৱি তাইৰ নিজৰ ওচৰতে লাজ পালে।  "ছেঃ , কথাটো বৰ বেয়া হ'ল।" 
          ৰাতি যেতিয়া সকলো ভাত খাবলৈ বহিল, তেতিয়া এনিশাই পিছদিনা পিকনিকলৈ যোৱাৰ কথাটো উলিয়ালে। নেহাহঁ‌ত যে সেইকাৰণেই আহিছিল সেই কথাও জনালে।  তাইৰ কথা শেষ হ'বলৈ নাপাওঁঁতেই মাহীমাক জাঙুৰ খাই উঠিল- "নেলাগে নেলাগে পিকনিকলৈ যাব, টেটু গুৰি লৈকে মাছে মঙহে চোন সদায় ঘৰত দকচিয়েই  থাক। দাহ মৰা নাই ?  ঘৰৰ ইমান বোৰ কামৰ লেঠা এৰি  গা নচুৱাবলৈ যাব নোৱাৰ।" মাকৰ কথা শুনি মালাইও ভ্ৰূ নচুৱাই  ক'লে ,  অ মায়ে ঠিকেই কৈছে।  তাৰ পিছত  তাই মাকলৈ চাই  পুনৰ ক'লে - "মা মোৰ কাইলৈ বাৰ্থ দে পাৰ্টি এটা আছে।  ঘৰ সোমাওঁঁতে অলপ দেৰি হ'ব"। মাকে হ'ব বাৰু বুলি মালাৰ কথাত শলাগি থ'লে  ।এনিশাই ক্ষীণ আশা এটা লৈ দেউতাকৰ মুখলৈ চালে। কিন্তু দেউতাকে তলমুৰ কৰি ইমান নীৰৱে ভাত খাই উঠি গ'ল যেন তেওঁঁ একো শুনাই নাপালে। তেওঁলোকৰ ব্যৱহাৰত এনিশাৰ বৰ দুখ লাগিল। চেপি ৰখা কান্দোনটো জোৰেৰে ওলাই আহিব খোজাত  তাই  নিজৰ ৰুমলৈ দৌৰ দিলে।  বিছনা খনত উবুৰি খাই পৰি তাই বহু সময় কান্দিলে। এসময়ত নিজকে সংযত কৰি  তুলিলে আৰু অলপ  দৃঢ় হৈ ভাৱিলে- একেখন  ঘৰৰে  একেই  তেজ -মঙহেৰে গঢ়া  দুজনী  ছোৱালী। এজনীয়ে সপ্তাহৰ  তিনি-চাৰি দিন  বিভিন্ন ঠাইত বাৰ্থদে  পাৰ্টি খাই ঘূৰি  ফুৰাৰ স্বাধীনতা পায় আৰু আনজনীয়ে  এবছৰৰ মূৰতো  নিজৰ বন্ধু -বান্ধৱীৰ  লগত  ফুৰিবলৈ  যোৱাৰ স্বাধীনতা নাপায়।  সিহঁত দুজনীৰ মাজত কিহৰনো আকাশ পাতাল  প্ৰভেদ সেই কথা  তাই ভাৱি ভাৱি  উলিয়াব নোৱাৰিলে। সেই ৰাতি তাইৰ খোৱা আৰু শোৱা এটাও নহ'ল। ওৰে ৰাতি বিছনাত বহি লৈ তাই আগ-পাছ গুণিবলৈ ধৰিলে কি কৰিলে তাইৰ বন্ধুত্ব ৰক্ষা হ'ব ?  সেই কথা ভাৱি উলিয়াবলৈ তাইৰ বেছি সময় নালাগিল। হঠাতে  তাইৰ সুপ্ত আৰু সহনশীলা মনটো ক্ৰমান্বয়ে জাগৃত আৰু কঠোৰ হ'বলৈ ধৰিলে। তাইৰ ওপৰত যেতিয়া  সকলোৱে অধিকাৰ সাব্যস্ত কৰিব পাৰে । তেনেহ'লে তাইয়ো তেওঁলোকৰ ওচৰত নিজৰ ইচ্ছাকৃত কামবোৰ কৰিবলৈ দৃঢ় হ'ব পাৰে। নিজৰ জীৱনটো সুখ আৰু আনন্দৰে  ভৰাই তুলিবলৈ  সকলোৰে মন যায়।  এই ক্ষেত্ৰত নিজে বিচৰা ধৰণে  জীৱনটো উপভোগ  কৰাৰ অধিকাৰ  সকলোৰে  নিজৰ।  এনে অধিকাৰ এনিশাৰো আছে।   
     জীৱনটো আনন্দৰ মাজেৰে  আগুৱাই নিবলৈ দৃঢ় প্ৰতিজ্ঞ  হোৱা  এনিশাই  পিছদিনা ৰাতিপুৱা আগতকৈও  অধিক সোনকালে উঠি  নিজৰ যাৱতীয়  কামবোৰ  সমাধা কৰি ল'লে ।  গা ধুই নিজকে সজাই পৰাই ল'লে আৰু মৰমী মাকৰ ফটো খনত সেৱা এটি কৰি  ঘৰৰ পৰা ওলাই গ'ল ।  তেতিয়ালৈকে ঘৰৰ কোনো উঠাই নাছিল।   সময়তকৈ বহু আগতেই তাই কলেজ ফিল্ড পালেগৈ। ইতিমধ্যে লগৰ সকলো আহি গোট খালেহি। এনিশাক দেখি সকলোৱে আচৰিত হোৱাৰ লগতে  ফুৰ্তিও পালে।  নেহাই তাইক সাৱতি ধৰি ক'লে -  মই জানিছিলো এনি।  তুমি আহিবা বুলি।  কাৰণ মোৰ বিশ্বাস আছিল যে এদিন তুমি  অন্যায়ৰ প্ৰতিবাদ কৰিব  পাৰিবা আৰু তেতিয়াই  তুমি নিজৰ জীৱনটো  স্বাধীন ভাৱে  উপভোগ কৰিব পাৰিবা।   ঠিক আমাৰ নিচিনাকৈ। মই জানো , তুমি ইয়াতকৈ আৰু বেছি একো নিবিচাৰা। "   কিবা এক অজান পুলকত আত্মহাৰা হোৱা এনিশাৰ চকুৰে দুধাৰি তপত অশ্ৰু বাগৰি আহিল। সজাৰ বন্ধন খুলি মুক্ত বিহঙ্গৰ দৰে এনিশাই যাত্ৰা কৰিলে বন্ধু -বান্ধৱীৰ সৈতে  আনন্দৰ উৎসৱলৈ;  মুকলি আকাশৰ তলত পিকনিক খাবলৈ।
 
                                  
ৰীপা দোলাকাষৰীয়া
কমলাবাৰী, মাজুলী
ফোন নং- ৭৫৭৮৮০২৮৩৭


পৃষ্ঠা ৩৬

নাঙল

        “ উঠ ৰতন, ইমান পৰলৈ শুই থাকিব লাগেনে ? সোনকালে উঠ আৰু নাঙলখন লৈ পথাৰত গৈ ঠেক মাটিডৰাত হাল মাৰগৈ ৷,”  জিতেন্দ্ৰই পুতেক ৰতনক ৰাতিপুৱা মাতি ক’লে ৷
         “কি পুৱাই পুৱাই ভুকি আছে, দেউতা ? এদিনো শান্তিৰে শুই থাকিবলৈ নিদিবা নেকি ?,” ৰতনে ভোৰভোৰাই টোপনি সুৰত ক’লে ৷
          পুৱা ধলফাট দিয়াৰ লগে লগে দেউতাকে প্ৰতিদিনে এই কাম। কাম কৰিবলৈ পুতেকক মাতে ৷ মানুহজনে  প্ৰতিদিন ৰাতিপুৱা পথাৰত অনুৰক্ত বতাহৰ মাজতে খেতিত কাম কৰি কৰি সূৰুযৰ কিৰণক অভ্যৰ্থনা জনাই আহিছে ৷ কষ্টে- মষ্টে নাঙল জবকাৰ লগত পথাৰত সংগ্ৰাম কৰি জীৱনটোৰ শেষ আলটোলৈকে আগবাঢ়িছে ৷ এতিয়া জিতেন্দ্ৰই আৰু অত্যধিক কাম কৰিবলৈ অপাৰগ ৷ পুতেকৰ ওপৰত সকলো দায়িত্ব সমৰ্পণ কৰি দিব বিচাৰিলে ৷
        “ নাই, ৰতনক দি কোনো সাংসাৰিক কাম নহ’ব; উপায় নাই ময়ে যাব লাগিব পথাৰত। সংসাৰখন উন্নত কৰিবলৈ তেওঁৰ কোনো সকামেই নাই ৷,”  জিতেন্দ্ৰই ক’লে আৰু গোহালিলৈ গৈ বলধহালক পঘাৰে বান্ধি নাঙলখন কান্ধত তুলি ল’লে ৷ পিতামহৰ নাঙলখন তেওঁ নিজ শৰীৰত কৈয়ো বেছি যত্ন কৰে; আৰু ভাবি থৈছে এই নাঙলখন বহু যত্ন সহকাৰে পুতেকে ব্যৱহাৰ কৰিলে আৰু এক পুৰুষলৈ স্থিতি হৈ থাকিব ৷ তাৰ পিছত আৰু এক পুৰুষ....৷ এনেকৈয়ে কিজানিবা গ্ৰীনিজ বুক অব ৱাল্ড ৰেকৰ্ডত এই নাঙলখন স্থান পাব পাৰে ৷ শাল গছেৰে তৈয়াৰ কৰিছিল জিতেন্দ্ৰৰ পূৰ্ব পুৰুষ ৰমেন্দ্ৰ নাথে ৷ তাহানিৰ দিনৰ শক্তিশালী হাত আৰু বুদ্ধি খটুৱাই বনাইছিল এই নাঙলখন ৷ পূৰ্ব পুৰুষৰ পৰা বাগৰি অহা এই সম্পদটোৰ প্ৰতি ৰতনৰ অকণো আগ্ৰহ আৰু জুতি নাই ৷
         “ কি কৰিবা, উপাই নাই ....তুমিয়েই পথাৰত যাব লাগিব আৰু ৷,”  ৰতনৰ মাকে জিতেন্দ্ৰক ক’লে ৷
          “ তাকেইতো হৈছে দেখোন ৷ বুঢ়া হৈয়ো ঘৰ-পথাৰ-বাৰী সকলোতে এশ একুৰি খাটিব লগা হৈছে ৷ সন্তানক ঘৰত বহুৱাই থৈ নিজেই কাম কৰিব লগা হৈছে বুঢ়া কালত ৷,” ফুলবছা গামোচাৰে চকু মচি আৱেগিক হৈ ক’লে মানুহজনে ৷
          ৰতনৰ ঘৈণীয়েকে তাত উপস্থিত হ’ল ৷ ৰতনেও বিছনা এৰি হাত ভৰি পট্‌পট্‌ শব্দ কৰি ফুটাই ফুটাই তালৈ যাবলৈ ধৰিলে ৷ ব্যক্ত কৰিব নিবিচৰা কথাবোৰে ৰতনৰ বিবেকত আঘাত হানিব ধৰিলে ৷ পোনচাটেই দেউতাকৰ ওচৰলৈ গৈ বজ্ৰকণ্ঠে ভুকিবলৈ ধৰিলে। কি হৈছে দেউতা ? ডেইলি ডেইলি তুমি কি আৰম্ভ কৰিছা, হুম ? কাম কৰিবলৈ মন নাই যদি বহি থাকিবা ৷ তোমাক তিনিসাজ ভাত যোগাৰ কৰি দিলেই হ’ল, না কি ? কিয় কাম কৰিব লাগে তোমাৰ, হুম ? কিয় নাঙল নাঙল কৰি মৰিছা, দেউতা ?”
       ওচৰত থিয় হৈ আছে ৰতনৰ ঘৈণীয়েকে ।উন্মনা হৈ থিয় দি আছে মহিলাগৰাকী; যেন কেতিয়া কি কৰি পেলায় একো ঠিক নাই ৷
         “ যা, যা ৰতন, শুই থাকগৈ। ময়েই পথাৰত গৈ হাল বাই আহিম ৷ বুজিবি ঠেলা, যেতিয়া মই মৰিম ৷  মোৰ চকুযোৰ যেতিয়া নিমীলিত হ’ব তেতিয়া বুজি পাবি ৷এতিয়া শুই বহি খাই আছ খাই থাক; পিছত সন্তাপ কৰিবি, বুজিছ ?"
           “ দেউতা, তুমি নাঙলখন থৈ দিয়া, আমি তোমাৰ নাঙলখন যত্ন সহকাৰে ৰাখিম ৷ এনেকুৱাকৈ ৰাখিম যে ইয়ে  আমাৰ ভবিষ্যত প্ৰজন্মলৈ জাজ্বল্যমান হৈ থাকিব ৷ তুমি নাঙলখন থৈ দিয়া, মই ট্ৰেক্টৰেৰে পথাৰত হাল মাৰিম ৷,” ৰতনে দেউতাকক বুজাই ক’লে ৷
          “ মই জীয়াই থকালৈকে ট্ৰেক্টৰেৰে পথাৰ চহাবলৈ নিদিম ৷,” দেউতাকে নাঙলখন কান্ধৰ পৰা নমাই ক’লে ৷
          খানখোৱা পাৰা গাঁৱৰ একমাত্ৰ জিতেন্দ্ৰৰ ঘৰখনৰ মানুহেহে গৰুৰে হাল বাই খেতিত শস্য সিঁচে ৷ মানুহজন আদিম পৰম্পৰাৰ নীতি নিয়ম মনা ব্যক্তি ৷ প্ৰযুক্তিগত সা- সজুঁলিয়ে তেখেতৰ দুৱাৰ টুকুৰিয়াবলৈ সক্ষম হ’ব পৰা নাই ৷ তেওঁ বাচি থকালৈকে নোৱাৰিবও হ’বলা ৷
           “  দেউতা, তুমি বুজি নোপোৱা কিয় ? ট্ৰেক্টৰেৰে হাল মাৰোঁতে বেছি সময়ৰ প্ৰয়োজন নহয়, অলপ সময়ত আমি বেছি মাটি চহাব পাৰো ৷ নাঙলেৰে আমি বেছি মাটি অলপ সময়ত চহাব নোৱাৰি নহয় ৷,” ৰতনে ক’লে ৷ ওচৰত ৰতনৰ মাক আৰু জ্যোৎস্না বৰণীয়া ঘৈণীয়েকে পূৱ ফালে থিয় দি আছিল ফেটী সাপৰ দৰে হৈ সিহঁত দুজনে সূৰ্য উদয় হোৱালৈ অপেক্ষা কৰি আছে সূৰ্যক প্ৰণাম জনাবলৈ নে পিতৃ-পুতেকৰ খহটা কাজিয়াৰ বিষ ঢালিবলৈ  ৷ নিৰিবিলি পৰিৱেশটো কোঢ়াল পৰিৱেশলৈ ৰূপান্তৰিত হ’ল ৷ ৰাতিৰ বৰণে মেলানি মগাই নাই ৷ আজিকালি আগৰ দৰে পথাৰত আৰু গৰখীয়াবোৰে ঢানি ঢানি ..,বাঁ বাঁ বাঁ.., নোকোৱা হৈছে, মাথোঁ জিতেন্দ্ৰৰ দৰে কেইজনমান মানুহেহে তাৰ ওলোটা ৷ ট্ৰেক্টৰে মানুহৰ পৰিশ্ৰম লাঘৱ কৰিছে ৷ নাঙলখনকলৈয়ে শহুৰেকে প্ৰতিদিনে কা কা কৰি থাকে বুলি ঘৈণীয়েক জানমণিয়ে কোনোও গম নোপোৱাকৈ নাঙলখন লৈ চোতাললৈ গ’ল আৰু দাঁ এখনেৰে কোবাই নাঙলখনৰ চেহেৰা নষ্ট কৰি পেলালে ৷
         “ নাঙলখন ক’ত গ’ল ?,” নাঙলখন দেখা নাপাই চিন্তিত হৈ ক’লে জিতেন্দ্ৰই ৷ চোতালৰ পৰা হুটা মাতেৰে জানমণিয়ে উত্তৰ দিলে, “ ইয়াত নাঙলখন ৷”
          মানুহজনে দৌৰি নাঙলখনৰ ওচৰলৈ গৈ যিটো দেখিলে, তাৰ মূৰত স্বৰগ পৰা যেন লাগিল ৷ নাঙলখন আৰু নাঙল হৈ থকা নাই, জুই জ্বলোৱা কাঠ হৈ পৰিছে ৷ জঠৰ হৈ পৰা হাতেৰে নাঙলখন তুলি উচুপিবলৈ ধৰিলে জিতেন্দ্ৰই ৷ ইফালে বেলি উদয় হোৱাই নাই ৷
        “ হয় এই নাঙলখন যেনেকুৱা আছিল তেনেকুৱা বনাই দে নহ’লে জানমণিক লৈ এই ঘৰখনৰ পৰা আঁতৰি যা ৰতন ৷,”  দেউতাকে বজ্ৰকণ্ঠে উচুপি উচুপি ক’লে ৷ পৰিৱেশটো নিস্তব্ধতাত আৰু বেছিকৈ উখৰা পৰিল ৷
           

হজৰত আলী
৮৬৩৮৬২৩১২০


পৃষ্ঠা ৩৭

ৰেচিপিঃ

ছেৱা দিয়া



সামগ্ৰী বুলিবলেই বিশেষ একো নাই:- 2কেজি বৰাচাউল এটা পাত্ৰত 3 ঘণ্টাৰ বাবে তিয়াই ৰাখি এটা ফুটা থকা পাত্ৰত বৰাচাউলখিনি টুকি লৈ তলত পানী দি এটা চচপেনত গেছৰ ওপৰত উঠাই দিয়ক আৰু দাঁতিয়ে দাঁতিয়ে তিয়াই থোৱা কাপোৰ বা বাতৰি কাকত দি মেৰিয়াই দিব যাতে তলৰ পানীৰ ভাপটো ওলাই নাযায়। সম্পূৰ্ণ চাউলখিনিয়ে ভাপ পাই তেতিয়াহে ধুনীয়া কৈ সিজিব আৰু চাউলৰ ওপৰত এখন কলপাত দি ভাপ নোযোৱাকৈ এখন ঢাকনিৰে ঢাকি দিব ফটোখনত দেখুৱাৰ দৰে। প্ৰায় ১ঘন্টামান সময় লাগে । যেতিয়া ছেৱা দিয়া প্ৰস্তুত হ'ব গুৰ, গাখীৰ দি জলপানৰ দৰেও খাব পাৰে নতুবা হাঁহৰ মাংসৰ  সৈতে ও পৰিবেশন কৰিব পাৰে। বি:দ্র:- এটা কথা মন কৰিব চচপেনটোৰ পানী খিনি যাতে চাউলৰ পাত্ৰটো বুৰ নাযায় আৰু পানী খিনিও শুকাই শেষ নহয় নহ'লে জলি যোৱাৰ সম্ভাৱনা থাকে।

শ্ৰী মুনমী গগৈ
জাঁজী, শিৱসাগৰ



পৃষ্ঠা ৩৮

শিশু বিশেষঃ

জীৱনৰ বাবে জ্ঞান

ৰাজশ্ৰী বৰা

আমি সকলোৱে বিচাৰো আমাৰ সন্তানটো ভাল হোৱাটো। সন্তানৰ উজ্জ্বল ভৱিষ্যত চিন্তা কৰিয়ে আমি আমাৰ সন্তানক আটাইতকৈ ভাল বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা কৰি দিওঁ। নিজে যিখিনি নাজানো সেয়া শিকিবলৈ ব্যক্তিগত ভাবে পাঠদান কৰাৰো সুবিধা কৰি দিওঁঁ। এয়া সকলোৱে কৰোঁ নিজৰ সন্তানৰ পাৰদৰ্শিতা উন্নত মানৰ কৰিবলৈ।
   প্ৰকৃততে আমি আমাৰ সন্তানক ভাল বিদ্যালয়ত পঢ়িবলৈ সুবিধা কৰিলেই আমাৰ শিশু ভাল জীৱনৰ গৰাকী হ'ব নেকি ? আমাৰ বহুতৰে আকৌ মনত এটা ধাৰণা আছেই যে অসমীয়া মাধ্যমত পঢ়ি ভাল ভৱিষ্যত গঢ় দিব নোৱাৰে। কাৰণ মাতৃভাষাত পঢ়ি কেইজনে ভাল চাকৰি পাইছে। ভাল চাকৰি পাবলৈ ইংৰাজী মাধ্যমৰ ভাল বিদ্যালয়ত পঢ়াব লাগিব। এয়া কিন্তু শুদ্ধ চিন্তা নহয়। এয়া আমাৰ  মনৰ দুৰ্বলতা। আমি ভাবো যে ইংৰাজী মাধ্যমৰ উন্নত বিদ্যালয়ত পঢ়িলেহে শিশুৰ ভৱিষ্যত সুন্দৰ হ'ব। প্ৰকৃততে তেনে নহয়। মাতৃভাষা উজ্জ্বল ভৱিষ্যতৰ হেঙাৰ নহয়। মাতৃভাষাইহে শিশুটোৰ সবাংগীন বিকাশত মুখ্য ভূমিকা গ্ৰহণ কৰে। ভাষা শিশু শিকনৰ মাধ্যম। ভাষা  জানিলেহে শিশুৱে আন বিষয়ৰ জ্ঞান আহৰণ কৰিব পাৰে।বিশেষকৈ মাতৃভাষাই শিশুৰ শিকনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মাতৃভাষাৰ জৰিয়তে শিশুৱে ঘৰুৱা পৰিৱেশত প্ৰায়খিনি কথাই আয়ত্ব কৰে ,এই জ্ঞান বিস্তৃতৰূপত বিদ্যালয় বা পৰৱৰ্তী পৰ্যায়ত লাভ কৰে। যি কি নহওঁক আমি যে ভাবো মাতৃভাষাত পঢ়িলে শিশুটো পিছ পৰি ৰব ,এয়া আমাৰ ভুল ধাৰণা। এইটো ঠিক যে আমি যিমান ভাষা শিকিম সিমানেই আমাৰ যোগাযোগৰ মাধ্যম সবল হ'ব, আমি সহজতেই সকলো মানুহৰ লগত আত্মীয় হৈ উঠিম। কাৰণ ভাষা জনা মানে মনৰ বুজ ল'ব পাৰি।
  আপুনি মই শিশুটোক কিদৰে কথাবোৰ শিকিবলৈ পৰিৱেশ দিছো সেইটোহে দৰকাৰী।আপুনি যদি শিশুটোক কেৱল পুথিগত জ্ঞান লাভ কৰি সৰহ নম্বৰৰ প্ৰমাণপত্ৰ খন গোটাই লোৱাত জোৰ দিছে তেন্তে আপোনাৰ শিশুটোৱে বৌদ্ধিক শক্তিৰে সেইটো কৰাতহে গুৰুত্ব দিব। কিন্তু যদি আপুনি শিশুটোক জীৱনৰ বাবে জ্ঞান দান কৰে অৰ্থাৎ তাক কেৱল ভাল চাৰ্টিফিকেটৰ পাছত দৌৰিবলৈ বাধ্য নকৰাই ,মানুহ হিচাপে জী থাকিবলৈ প্ৰয়োজনীয় গুণ আহৰণত উৎসাহ দিয়ে। নিশ্চয় আপোনাৰ শিশু এদিন এই গুণৰে অধিকাৰী হ'ব। এনে নকৰি আমি মাথোঁ শিশুক নম্বৰ লাভত জোৰ দিওঁ। আমি পাহৰিয়ে যাওঁ যে বাস্তৱ জীৱনত চাৰ্টিফিকেটৰ নম্বৰে নহয় মানসিক উত্তৰণে সহায় কৰে। পুথিগত জ্ঞানে চহকী ব্যক্তি এজনতকৈ জীৱনৰ অভিজ্ঞতাৰে চহকী জনে বহু সময়ত শুদ্ধ সিদ্ধান্ত ল'ব পাৰে।গতিকে আমি ভবাৰ দৰে কেৱল ভাল বিদ্যালয়ত, ইংৰাজীত শিক্ষা লভিলেই সফল জীৱনৰ গৰাকী নহয়। সফলতা পৰিশ্ৰমে আনে।এই পৰিশ্ৰমৰ প্ৰতি যেতিয়া শিশু নিজে আগ্ৰহী হ'ব তেতিয়া তেনে শিশুৱে উন্নতি লভিব ই, সি সফলতাৰ শিখত আৰোহণ কৰিব।
   আমি শিশুক সৰুৰে পৰা নিজে শিকিবলৈ উৎসাহিত কৰিব লাগে। আমি জনাখিনি সিহঁতে বিস্তাৰিত ভাবে নিজৰ চেষ্টাৰে শিকিব পাৰিব লাগে। শিশু এটি মাতৃভাষাৰ বিদ্যালয়ত পঢ়িয়ো ভাল জীৱনৰ গৰাকী হ'ব পাৰিব যদিহে সি জীৱনৰ প্ৰয়োজনীয়তা, সফলতাৰ আঁৰৰ কাহিনী উপলব্ধি কৰিব পাৰে। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে শিশুটোক আমি কোন দিশে যোৱাত প্ৰেৰণা যোগাইছো। শিশুক সৰু‌ সৰু কথাবোৰ আহৰণত আপুনি সহায়ক হওক।সি আপোনাৰ পৰা ভালখিনি শিকক। মাধ্যম যিয়ে নহওক জীৱনৰ সংঘৰ্ষত প্ৰয়োজন হোৱা গুণ একেবোৰে। সেয়েহে সেইখিনি সৰুৰে পৰা দিয়ক। শিশু নিজে নিজে যাতে সফলতাৰ প্ৰতি ধাৱমান হয় তাক তেনেকৈ গঢ়ক। মনত মোহ নহয় সাহসৰ বীজ সিঁঁচক। নিশ্চয় সি এদিন সফল হ'ব।


পৃষ্ঠা ৩৯

অভিভাৱকৰ ব্যস্ততা আৰু আন্তৰিকতাহীনৰ বাবে
শিশু এটি অকলশৰীয়া আৰু যান্ত্রিক হৈ পৰে

অজয় বৰুৱা
9707730427 

   শিশু মনোৰোগ বিশেষজ্ঞ সকলৰ মতে শিশুবোৰৰ বহু সমস্যা উদ্ভৱ হোৱা অন্যতম কাৰণ পিতৃ-মাতৃ আৰু সন্তানৰ মাজত থকা মানসিক দূৰত্ব। আমি শিশু সকলক নিজৰ সময়কণ দিবলৈ ইচ্ছুক নহয়। নানা অজুহাতেৰে শিশুটোক অকলশৰীয়া কৰি নিজৰ কামত ব্যস্ত থাকো। বিশেষকৈ  একক পৰিয়ালৰ শিশুবোৰ এই ব্যাধিটোৰ বেয়াকৈ চিকাৰ হৈছে। ব্যস্ততা আৰু আন্তৰিকতা অভাৱত এনে শিশুবোৰ ক্রমে অকলশৰীয়া হৈ গৈ থাকে। শিশু এটিক সময় দিয়াটো নিত্যান্ত‌ই প্রয়োজনীয়। হাজাৰ ব্যস্ততাৰ মাজত থাকিলে‌ও শিশুটিক সুন্দৰ, সুস্থিৰ আৰু সম্পূর্ণকৈ সময় দিব লাগে । যিয়ে শিশুটিৰ মন ভৰাই তোলে। শিশুটিৰ লগত খেলা, সাধুকোৱা, গান গোৱা, ছবি অঁকা, ফুৰাব নিয়া, শোৱাৰ সময়ত টোপনি নোযোৱালৈ কাষত থকা, আদি কৰিলে সি নিৰাপদ আৰু আত্মবিশ্বাসী হয়। পৰিয়াল হৈছে এটি শিশুৰ বাবে আটাইটকৈ আপোন তথা নিৰাপদ অনুভৱ কৰা ঠাই। য'ত শিশুটিয়ে জীৱনৰ আদি পাঠ শিকে। শিশু অৱস্থাতে পৰিয়ালৰ লগত সমাজৰ দায়বদ্ধতা এয়ে যে আমি শিশু এটিৰ শাৰীৰিক -মানসিক বিকাশৰ লগত হোৱা  পৰিবর্তন সমূহ বুজিবলৈ চেষ্টা কৰা উচিত। তেনে কৰিলে সিহঁতৰ প্রতি যত্ন আৰু সঁহাৰি থকাটো বুজাই। বর্তমান শিশুসকলে কেৱল পিতৃ-মাতৃ লগতে বেছি একাত্ম আৰু ঘনিষ্ঠ হৈ থাকিব বিচাৰে। প্রয়োজনতকৈ কম সময় পিতৃ-মাতৃয়ে দিয়াৰ বাবে এনে হয়। সেয়ে শিশু এটিৰ আবদাৰ বোৰো বেছি হয়। আকৌ একাংশ পিতৃ-মাতৃয়ে সন্তানক প্রয়োজনাধিক মৰম-স্নেহ কৰি নিজৰ অজ্ঞাতেই শিশুটিক পৰনির্ভশীল কৰি তোলে। তেনে শিশু পিছলৈ কোনো সিদ্ধান্ত নিজাকৈ ল'ব নোৱাৰা হৈ পৰে।নিজৰ ঘৰখনত বা পৰিয়ালৰ লগত খেল-ধেমালি, কথা কৈ শিশু এটি ভাল পায়। পিতৃ মাতৃৰ বা পৰিয়ালৰ সদস্য‌ই কণমানিটিৰ ক্ষেত্রত প্রদর্শন কৰা আচৰণে তে‌ওঁলোকৰ লগত সন্তানৰ সম্পর্কত প্রভাৱ পেলায়। সন্তান আৰু পিতৃ-মাতৃৰ সম্পর্কত প্রভাৱ পেলোৱা বহু কাৰণ আছে। বাল্যকালত শিশু এটিক শিশুকালতকৈ কম মনোযোগ, যত্ন, মৰম -স্নেহ দিয়া মানে কমকৈ কৰিলেও হ'ব বুলি ধৰি ল‌ওঁ। তেতিয়া সন্তানটিয়ে অৱহেলিত যেন অনুভৱ কৰে। এনেবোৰ কথাৰ তাৰতম্য নোহোৱাকৈ সন্তানটিৰ সকলো কথাতে ,দিশতে যথেষ্ট  গুৰুত্ব প্রদান কৰা উচিত। যিয়ে তাক আত্মবিশ্বাস গঢ়াত সহায় কৰিব। মৰম, নিৰাপত্তাবোধ, ভাল পৰিবেশ আদিয়ে  শিশুৰ মন নিকা কৰে, ৰঙীয়াল কৰে। বহুতৰ ভুল ধাৰণা মৰম কৰিলে সন্তান নষ্ট হয়। সেইটো অসত্য কথা। মৰম কৰা আৰু লাই দিয়া দুটা বেলেগ কথা। প্রকৃত মাতৃস্নেহ সদায় সকলো পৰিস্থিতি একে। শিশুটি মৰমলগা হ'লে , সি কমনীয়তাৰে আনক আকর্ষণ কৰিব পৰা হয় আৰু তেতিয়া তাক মৰম কৰিবলৈ সহজ, কিন্তু যেতিয়া বেয়া স্বভাৱৰ, খিংখিঙিয়া,নিষ্ঠুৰ প্রকৃতিৰ হয়, তেতিয়াও তাক মৰম কৰিব পৰাটো বৰ প্রয়োজনীয় কথা। তেতিয়া সন্তানটোক বেছি স্নেহ, সহানুভূতিৰ প্রয়োজন হয়। সেয়ে ধৈর্য, সহিষ্ণুতা আৰু সকলো কথা সহজভাৱে ল'ব পৰাটো এক সুস্থ মানসিকতা। আৰু এই মানসিকতাৰেই উদণ্ড, উৎশৃখল  সন্তানক সৎ পথলৈ আনিব পাৰে। সিহঁতৰ প্রতি মৰমীয়াল , সহিষ্ণুতা, সহানুভুতিশীল হ'লে ভবিষ্যতে সিহঁতে নিশ্চয় অভিভাৱকৰ প্রতিও শ্রদ্ধাশীল হ'ব।
     অভিভাৱকে নিজৰ সন্তানটো সকলো ক্ষেত্রতে অন্যতম, সফল আৰু সৃজনীশীল হোৱাটো বিচাৰে।এয়া এক শুভ লক্ষণ।কিন্তু দুই-তিনিবছৰ পৰাই শিশুটিক অসন্তুলিত কচৰৎ আৰম্ভ কৰি, ডাঙিব নোৱাৰা বোজা দি শিশুটিক শাৰীৰিক- মানসিক ভাৱে পংগু কৰি পেলোৱা উচিত নহয়।সেয়ে এনেদৰে কঠোৰ নহৈ সিহঁতক সৰু সৰু কার্য কৰিব দিয়া উচিত যিবোৰ কামত উৎসাহ, আনন্দ পায়, আগ্রহ বাঢ়ে।আহাৰ খোৱা কার্য সি নিজে কৰিব বিছাৰিলে সম্পূর্ণ এৰি নিদি নিজে কাষত থাকি সম্পূর্ণ তদাৰক কৰিব লাগে।সিহঁতক স্বাবলম্বী হ'বলৈ শিকাব লাগে কিন্তু যিকোনো কাম কৰিবলৈ সম্পূর্ণ এৰি দিব নালাগে।আকৌ বেছি ৰক্ষণাবেক্ষণে শিশু এটিক স্বাৱলম্বী হোৱাৰ পৰা আঁতৰত ৰাখে মানে একো নিশিকে।অধিক ৰক্ষণাবেক্ষণ দিয়া মানে সিহঁতৰ সামর্থ আৰু প্রতিভাৱক অৱমূল্যায়ন কৰা হয়।কর্মশক্তিক অৱমূল্যায়ন কৰি থাকিলে সিহঁত ডাঙৰ হবলৈ নিশিকে।সেয়ে ল'ৰ ছোৱালীক কিছুমান ঘাত -প্রতিঘাতৰ সন্মুখীন হ'বলৈ দিব লাগে যাতে কন্টকময় পৃথিৱীখনত পিছলৈ নিজক ৰক্ষণাবেক্ষন দি চলিব পাৰে।
     তুলনাই মানুহক অসুখী, আঘাত,আত্মবিশ্বাস নোহোৱা কৰে।সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্রত ই আৰু ভয়ংকৰ।তুলনাৰ পৰিবর্তে সন্তানটিক উৎসাহ দিব লাগে।অভিভাৱকে শিশুটিক উৎসাহ দিলে বা  এজন বিচক্ষণ ব্যক্তিৰ গুৰুত্ব দিলে দুগুণ উৎসাহেৰে সি দায়িত্ব পালন কৰে।সিহঁতক প্রতিৰক্ষা প্রদান কৰাৰ অর্থ এইটো নহয় যে বিপদৰ সন্মুখীন হ'বলৈ নিদিয়া।সমস্যা সমাধান কৰি নিদি কেৱল সমস্যা সমাধান কৰাৰ দিহা দিয়াৰ প্রয়োজন।মৰমেৰে কৰা শাসন সদায় সুস্থ পৰিবেশৰ পৰিপূৰক।যিকোনো ক্ষেত্রতে সিহঁতক বন্ধু সুলভ ভাৱে বুজাব চেষ্টা কৰিব লাগে।সিহঁতক বয়সতকৈ সৰু হৈ থাকিবলৈ শিকোৱা উচিত নহয়।সিহঁতক দায়িত্বশীল হ'বলৈ সকলো বিষয়ৰ জ্ঞান দিয়াটো প্রয়োজন।শিকাওঁতে ভাষণ দি শিকাবলৈ নগৈ সমস্যা সমাধানৰ ব্যৱহাৰিক জ্ঞান দিয়াটো প্রয়োজন। পৰিয়াল বা আত্মীয়স্বজনে বা পিতৃমাতৃয়ে নিজৰ শিশুটোৰ দোষ, অন্যান্য বেয়া কথাবোৰ আন শিশুৰ আগতে বা অন্যৰ আগত কোৱা দেখা যায়।শিশুটোৰ মন সৰল,ঠুনুকা, আলফুলীয়া যাৰ বাবে শুদ্ধ- অশুদ্ধ বিচাৰ কৰাৰ ক্ষমতা নাথাকে।তেনেস্থলত এনেবোৰ কথাই অভিভাৱকৰ লগত শিশুৰ সম্পর্কত বিৰূপ প্রভাৱ পেলায়।কণমানি শিশুটিৰ মনটোও কেতিয়াবা হতাশাত আচ্ছন্ন হ'ব পাৰে।সিহঁতৰ হতাশাৰ কাৰণ হয়টো ডাঙৰৰ বাবে নিৰর্থক,হাঁহি উঠা কথা যেন লাগিব পাৰে।কোনো প্রতিযোগিতাত পুৰস্কাৰ নাপালে ,কোনোবাই জোকালে শিশুটি হতাশ হ'ব পাৰে।আমি হতাশ নহ'বা,ঠিক হৈ যাব আদি দায় সৰা মন্তব্য দি কথাটো এৰাই চলাটো অতি পৰিতাপৰ কথা।তাতকৈ "তোমাৰ বেয়া লগা কাৰণবোৰ ম‌ই বুজিছো, বা "ভালকৈ কোৱাচোন", আদি কৈ নিজক বিশ্বাসযোগ্য কৰি ললে শিশুটিৰ হতাশাৰ পৰিমান কমি যায়।  পিতৃ-মাতৃৰ বিচ্ছেদ,সঘনাই হৈ থকা কাজিয়া, কোনোবাজন বা দুয়োজন মানসিক ৰোগী, পাৰিবাৰিক অশান্তি, পিতৃৰ কর্মস্থাপন নাথাকিলে, সুৰামত্ত হ'লে শিশু এটিৰ সর্ম্পকৰ প্রতি উদাসীন হৈ পৰে।সি মানসিক অন্তর্দ্বন্দ্বত ভোগে আৰু তেতিয়া সন্তানটিৰ মানসিক,আবেগিক সমস্যা(আত্মবিশ্বাসৰ অভাৱ,ডিপ্রেছন,এংজাইটি, এডজাষ্টমেন্ট) আদিয়ে আগুৰি ধৰে।পিছলৈ নিচাসক্ত, উদণ্ড, অসামাজিক আদি কামত লিপ্ত হোৱা দেখা যায়।  
     শিশুকাল বা বাল্যকালৰ এনে পৰিস্থিতিৰ পিছলৈ জীৱনটোৰ পলে পলে অসুবিধা নহ'বলৈ ‌অভিভাৱক তথা পৰিয়ালৰ বহু কৰণীয় আছে। শিশুটোৰ শাৰীৰিক আৰু মানসিক  সুস্থতাৰ বাবে সুষম আহাৰ,পৰিস্কাৰ-পৰিচ্ছন্নতা,নিয়মিত ডাক্টৰৰ পৰামর্শ, টিকাকৰণত গুৰুত্ব দিব লাগিব।সহজ-সৰল হৈ, জটিল পৰিস্থিতিৰ মুখা-মুখী হ'ব পৰা কৰি তুলিব লাগিব।খুব সহজ ভাৱে, মৰমেৰে , বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তুলি সিহঁতে জটিলতাবোৰ বুজ লোৱা উচিত।সন্তানটিক দোষ-ত্রুটী,সক্ষঊর্ধ্বত ৰাখি মৰম ,সন্মান দিয়া উচিত যদিও এটা কথা লক্ষ্য ৰখা উচিত যে সন্তাটিহে আমাৰ মৰমৰ,বেয়া অভ্যাসবোৰ নহয়।ইয়াৰ উপৰিও হত্যা, অপহৰণ,শিশুৰ ওপৰত চলা যৌন আতিশয্য আদিৰ পৰা শিশুটিক বচাই ৰাখিবলৈ আগতীয়াকৈ বুজাই দিয়ক যাতে শিশুটিয়ে নিৰাপত্তা অনুভৱ নকৰা ব্যক্তৰি ওচৰ নাচাপে।কেৱল অচিনাকী মানুহক নামাতিবা,ওচৰলৈ নাযাবা আদি কলে‌ই দায়িত্ব শেষ নহয়।এনেকুৱা হ'লে অচিনাকী মানুহৰ প্রতি অহেতুক এটা বেয়া মনোভাৱ, ভয়ংকৰ,বদমাচ আদি ধাৰণা সৰুৰ পৰা ল'বলৈ বাধ্য হ'ব। শিশু‌ই কৰিবলৈ মানা কৰা বস্তুটোৰ প্রতি সদায় এটা আকর্ষণ থাকে আৰু বাৰে বাৰে সেই কামটো কৰিব‌‌লৈ যায়।এই ক্ষেত্রত 'কিয় কৰিলা?', নকৰিবা, নালাৰিবা, নাখাবা,নকবা আদি কৈ অনবৰতে খেচখেচাই থাকিলে সন্তাটিয়ে আমনিবোধ কৰিব আৰু মনে মনে বেয়া পাবলৈ আৰম্ভ কৰে।মানসিক ভাৱে দূৰত্ব বাঢ়ি যোৱাৰ সম্ভৱনা বেছি হৈ গৈ থাকে।সেয়ে বন্ধুসুলভ ব্যৱহাৰ কৰি কথাবোৰ,কামবোৰ বুজাব চেষ্টা কৰিব লাগে।সন্তানক স্বাস্থ্যসন্মত খাদ্য খাবলৈ শিকোৱা উচিত।খাদ্যৰ উপকাৰিতা-অপকাৰিতা, সুষম আহাৰৰ কথা,খাদ্যৰ পৰিপুষ্টিৰ কথা আদিৰ বিষয়ে কোৱা উচিত যাতে পিচলৈ সন্তানটিয়ে বিজ্ঞান সন্মত পৰিস্কাৰ-পৰিচ্ছন্নতাৰে খাদ্যখোৱাৰ অভ্যাস কৰে । আচাৰ-ব্যৱহাৰ,সন্মান,কথা-বার্তা কোৱাৰো ধৰণ -কৰণ সন্তানক লগত থাকি শিকোৱা উচিত।অভিভাৱকে যদি গুৰু-সৎজনক ভক্তি ভাৱ নকৰে আনক সন্মান নকৰে তেনেহ'লে সন্তানটোৰো ব্যৱহাৰ তেনেকুৱাই হ'ব।সেয়ে অভিভাৱক সকল সাৱধান হোৱা প্রয়োজন শিশুৰ আগত যাতে জিভা পিচল নেখাই।
 মুঠতে ধৈর্যধৰি ,সংযমী হৈ নিজৰ শিশুটিৰ ওচৰ চাপক,মনৰ কাষলৈ যা‌ওক,সময় দিয়ক। সৰুতে দিয়া এই সময়খিনিয়ে আপোনাক মূৰ তুলি ঠিয় হৈ থাকিব পাৰিব অর্থাৎ সন্তানৰ পৰা কোনো ক্ষেত্রতে ,কোনো সময়তে বিবুদ্ধি,বিপাং,বা সন্মানৰ টনা-টনি নহয়। হকে-বিহকে কথা শুনাই নাথাকি, এছাৰিৰে থকা-সৰকা নকৰি,স্বাধীনভাৱে চিন্তা কৰাৰ সুযোগ আৰু সময় দিয়ক দেখিব আপুনি বিচৰা ধৰণে নিজৰ সন্তানে সপোনবোৰ বুকুত লৈ লক্ষ্যৰ দিশে আগবাঢ়ি গৈছে।


পৃষ্ঠা ৪০

শিশু কবিতাঃ

মৌমাখি
             
আমি সৰু মৌমাখি উৰো নাচি বাগি
দূৰন্ত প্ৰতীক একতাৰ,
কৰ্মত ব্যস্থ হওঁ কদাপি নিজিৰাওঁ
হুলে অস্ত্ৰ আত্মৰক্ষাৰ ।

ক্ষুদ্ৰ দুখনি আখি সৰু লাহি পাখি
ভূন ভূন কৰি ডাকোঁ,
আমি নাপাতো কথা সজাওঁ মৌ সিটা 
তাতে দল বান্ধি থাকোঁ  ।

প্ৰভাততে ওলাই মৌৰস গোটাই
জমা কৰোঁ সুমিষ্ট খাদ্য,
নৰ বৰ নিষ্ঠুৰ কাঢ়ি খোৱা দস্তুৰ
আমি নহওঁ নৰৰ অবাধ্য।

ফুলে ফুলে পৰি পৰাগযোগ কৰি
ন ন ফলৰ কৰোঁ সৃষ্টি,
ৰস চুহি চুহি মেলি দিওঁ পাহি 
নিজ ৰস খাই পাওঁ তুষ্টি

যি কৰোঁ সঞ্চয় সৰ্বদা খাঁটি হয়   
পঞ্চামৃতৰ এক অংশ
শ্ৰম আমাৰ ধৰ্ম বুজো ইয়াৰ মৰ্ম
লক্ষ্য হিত-নহয় ধ্বংস ।

আমিৰ হুছেইন আহমেদ।
বকো,বালিঝাৰ,কামৰূপ (গ্ৰাম্য)
মো নং 7002189794.


পৃষ্ঠা ৪১

নিৱন্ধঃ

শিশুৰ অধিকাৰ সৰ্ম্পকে কিছু ধাৰণা 

১) শিশু বুলিলে আমি কি বুজোঃ-আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ১৮ বছৰ বয়সৰ অনুৰ্দ্ধৰ সকলো  ল'ৰা-ছোৱালীকে শিশু বুলি গণ্য কৰা হয়।  শিশুৰ এই সংজ্ঞাটো ৰাষ্ট্ৰ সংঘৰ শিশুৰ অধিকাৰ সৰ্ম্পকীয় প্ৰতিনিধি সভাই নিৰ্দ্ধাৰণ  কৰা এই সংজ্ঞাটো পৃথিৱীৰ প্ৰায় সকলোবোৰ ৰাষ্ট্ৰই গ্ৰহণ  কৰিছে।
        ভাৰতবৰ্ষয়ো ১৮ বছৰৰ পৰাহে এজন লোকক সকলো আইনসিদ্ধ ন্যাৰ্যতা পোৱাৰ সুবিধা দিছে। ১৮ বছৰৰ পৰাহে সেই কাৰণে ভোট দানৰ অধিকাৰ লাভ কৰে বা গাড়ী চলোৱাৰ বাবে অনুমতি লাভ কৰে বা যি কোনো আইনগত সুবিধা লাভ কৰে। বাল্যবিবাহ প্ৰতিৰোধ আইন ১৯২৯ ,অনুসৰিও  ১৮ বছৰৰ তলৰ এজনী ছোৱালীয়ে আৰু ২১ বছৰৰ তলৰ এজন ল'ৰাই বিবাহ পাশত আৱদ্ধ হ'ব নোৱাৰে। ১৯৯২ চনৰ UNCRC ৰ অনুমোদন লাভ কৰাৰ পিছত ১৮ বছৰ তলৰ যিকোনো ল'ৰা-ছোৱালীয়ে, যিবোৰক যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন তেওঁ‌লোকক ৰাষ্ট্ৰই সুৰক্ষা দিয়াটো নিশ্চিত কৰিবলৈ ভাৰতে ইয়াৰ শিশু ন্যায় আইনখন সলনি কৰে।
         আইনৰ দৃষ্টিত এজনী ছোৱালী ১৮ বছৰত আৰু এজন ল'ৰা ২১ বছৰ বয়সত পৰিপক্কতা লাভ কৰা বুলি সৰ্বজন গৃহিত হৈছে।

২) শিশুৰ অধিকাৰঃ- আমাৰ দেশত প্ৰৱৰ্ত্তিত সকলো আইনে নিশ্চিত কৰা আৰু আমাৰ দেশে আনুষ্ঠানিক ভাৱে গ্ৰহন কৰা সকলো আন্তঃৰাষ্ট্ৰীয় চুক্তি আৰু ঘোষণা আদিত নিশ্চিত কৰা সকলোবোৰ অধিকাৰ বা সা-সুবিধা ১৮ বছৰ বয়সৰ তলৰ সকলো ব্যক্তিৰ প্ৰাপ্য। আমাৰ দেশে বা আন্তঃৰাষ্ট্ৰীয় ভাৱে নিশ্চিত কৰা এই অধিকাৰ সমূহেই হৈছে শিশুৰ অধিকাৰ।
       ভাৰতীয় সংবিধানেও শিশু সকলক কিছুমান অধিকাৰ প্ৰদান কৰিছে আৰু তেওঁলোকৰ বাবে এই অধিকাৰবোৰ সংবিধানত অৰ্ন্তভূক্ত কৰা হৈছে। সেইবিলাক হ'ল - (ক) ৬ ৰ পৰা ১৪ বছৰ বয়সৰ প্ৰতিটো শিশুৰে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভ কৰাৰ অধিকাৰ আছে। (খ) ১৪ বছৰ বয়সলৈকে কোনো শিশুকে বিপদজনক কামত নিয়োগ কৰিব নোৱাৰিব। এই অধিকাৰ  শিশু সকলক সংবিধানে প্ৰদান কৰিছে। 
(গ) শিশু সকলক বাধ্য কৰি বা অপমানজনক অৱস্থা এটাৰ সৃষ্টি কৰি আৰ্থিক লাভালাভৰ বাবে তেওঁলোকৰ বয়স আৰু শক্তিৰ লগত সামঞ্জস্য নথকা কোনো জীৱিকা বা বৃত্তিত নিয়াগ কৰিব নোৱাৰিব।  
(ঘ) স্বাধীনভাৱে আত্মমৰ্যদা সহকাৰে নিজকে বিকশিত কৰাৰ সুযোগ আৰু সা-সুবিধা পোৱাৰ অধিকাৰ , শৈশৱ আৰু যুৱাৱস্থাত নিৰাপত্তা পোৱাৰ অধিকাৰ, নৈতিক আৰু পাৰ্থিব সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ বিৰুদ্ধে অধিকাৰ।
         ইয়াৰ উপৰিও অন্য প্ৰাপ্তবয়স্ক পুৰুষ-মহিলাৰ দৰে শিশু সকলেও নাগৰিক হিচাপে জীয়াই থকাৰ সম অধিকাৰ লাভ কৰিছে। যেনে- সমতাৰ অধিকাৰ, বৈষম্যৰ বিৰুদ্ধে অধিকাৰ, ব্যক্তিগত আৰু আইনগত স্বাধীনতাৰ অধিকাৰ, সৰবৰাহ কৰা আৰু বন্ধোৱা শ্ৰমিক হিচাপে নিয়োগ কৰাৰ বিৰুদ্ধে অধিকাৰ, সকলো সামাজিক অত্যাচাৰ আৰু শোষণৰ পৰা সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল সুৰক্ষিত হৈ থকাৰ অধিকাৰ।
        গতিকে এখন ৰাষ্ট্ৰই অৱধাৰিতভাৱেই - শিশু আৰু মহিলা সকলৰ বাবেই বিশেষ বিধান বা ব্যৱস্থা হাতত ল'ব লাগিব। সংখ্যালঘু সকলৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা হাতত লব লাগিব। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত ল'ব লাগিব। জনসাধাৰণৰ পুষ্টি আৰু জীৱন ধাৰণৰ মানৰ লগতে জনস্বাস্থ্যৰ  উন্নতিকৰণৰ অধিকাৰ পাব লাগিব।
       সংবিধানৰ নীতি নিৰ্দ্দেশনাৰ উপৰিও বিশেষকৈ শিশু সকলৰ বাবেই বহু আইন প্ৰণয়ন কৰা হৈছে। সমূহ  আন্তঃৰাষ্ট্ৰীয় আইনৰ ভিতৰত ৰাষ্ট্ৰ সংঘৰ শিশু অধিকাৰ চমুকৈ চি,আৰ,বি (CRB) বোৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ। এই আইন আৰু ভাৰতীয় সংবিধান   মতে প্ৰতিটো শিশুৰ কোনবোৰ অধিকাৰ থকা উচিত তাক নিদ্ধাৰণ কৰিছে। এই আইনৰ উপৰি ভাৰতীয় সংবিধান আৰু আইনৰ আধাৰত শিশু সকলে পাব লগীয়া অধিকাৰ সমূহ নিদ্ধাৰণ কৰা হৈছে। কিন্তু শিশুসকলে তেওঁ‌লোকৰ সেই বিশেষ অৱস্থাৰ বাবে প্ৰাপ্ত বয়স্ক ব্যক্তিৰপৰা অতিৰিক্ত সুৰক্ষা আৰু দিশ নিৰ্দেশনা পোৱাৰ প্ৰয়োজন। তদুপৰি তেওঁলোকৰ নিজৰো কিছুমান বিশেষ অধিকাৰ আছে। শিশুৱে লাভ কৰা এই অধিকাৰবোৰকে শিশুৰ অধিকাৰ বুলি কোৱা হৈছে আৰু এইবোৰ ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ সৰ্ম্পকীয় প্ৰতিনিধি সভাত গৃহীত হয়।

অঞ্জনা উজীৰ
ডিমৌ,দিহাজান 
পোঃআঃ- ডিমৌ।
জিলা- শিৱসাগৰ(অসম)
পিনঃ-৭৮৫৬৬২
দূৰভাষঃ- ৮৬৩৮৩৪২২০১


পৃষ্ঠা ৪২

নৱবৰ্ষ বিশেষঃ

২০২০

     আকৌ এবাৰ উভতি চোৱাৰ হেঁপাহ নাছিল, নাছিল চকুলো বোৱাই বিদায় দিয়াৰ ইচ্ছা। তথাপি সেমেকি উঠিছে দুচকু যোৱাৰ পৰত। দিবলৈ একো নাই আছে মাথোঁঁ এটি দুখৰ  হুমুনিয়াহ।
       জীৱন কি ? জীয়াই থকাৰ হেঁপাহ কি ?আপোনৰ পৰা আঁঁতৰি থকাৰ , আপোনক হেৰুৱাৰ যন্ত্ৰণা কি ? সকলো বুজাই দিলা ভালকৈ তুমি '২০২০'।  পাহৰোঁঁ বুলি ভাবিলেও পাহৰিব পাৰিম জানো জীৱনত, গৃহবন্দী হৈ থকা সময়বোৰৰ তিক্ত অনুভৱবোৰ , অভিজ্ঞতাবোৰ। য'ত থমকি  ৰৈছিল আশা আৰু সপোনবোৰ। য'ত থমকি ৰৈছিল পৃথিৱী, থমকি ৰৈছিল বিশ্বৰ অৰ্থব্যৱস্থা, কোনোবাই কান্দিছিল ভোকত, কোনোবাই ভয়ত কান্দিছিল। কোনোবাই আপোনজনক হেৰুৱাই দিশহাৰা হৈছিল। স্থবিৰ হৈ পৰা পৃথিৱীখনত যেন আমি মৰি মৰি জীয়াই আছিলো এবুকু ভয়,শংকা লৈ। প্ৰতিটো পল এটাই মাথোঁঁ আশা কেতিয়া আন্ধাৰ আঁতৰি পোহৰ আহিব নামি। সলনি হৈ পৰিছিল আমাৰ জীৱনশৈলী। এক কথাত ক'বলৈ হ'লে জীৱনৰ প্ৰতিটো দিশতেই  নতুন শিক্ষা দি গ'ল, পৰিবৰ্তনৰ এক জোৱাৰ তুলি গ'ল ২০২০ চনটোৱে । প্ৰতিজন ব্যক্তিৰ হৃদয়ত আঁকি গ'ল অভিশপ্ত স্মৃতি। জীয়াই থকাৰ হেঁপাহতে আমি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি ভয়, শংকাৰ মাজেৰেই জীয়াই আছিলো।
 চাওঁতে , চাওঁতে বছৰে বাগৰ সলালে। আকৌ এটি নতুন বছৰে ভূমুকি মাৰিলে। প্ৰাপ্তি-অপ্ৰাপ্তিৰ তৰাজু খনত নিশ্চয় অপ্ৰাপ্তিৰ পালা খনেই তললৈ নামি যাব। থাকক নাচাওঁ আৰু উভতি হেৰাই যোৱা বোৰ , নোপোৱা বোৰ । মাথোঁঁ আশাৰে অপেক্ষা, নতুন বছৰৰ নতুন পুৱালৈ। য'ত সকলোৱে বিচাৰি পাব হেৰোৱা সুখ,শান্তি আৰু আশা বোৰ।
বিৰিঙি উঠক সকলোৰে ওঁঠৰ মিঠা হাঁহিবোৰ। আকৌ এবাৰ জীপাল হওঁক সেউজীয়া পৃথিৱীখন। এই খন আমাৰ পৃথিৱী। মুকলি আকাশৰ  তলৰ মুক্ত এজাক বতাহ আমাৰ সকলোৰে কাম্য। 

 আমি অঙ্গনৰ পৰিয়ালটিয়ে  সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো।

অৰ্চনা শইকীয়া
শিৱসাগৰ


পৃষ্ঠা ৪৩

শেষ পৃষ্ঠাৰ লেখাঃ

হাইকুৰ বিষয়ে সংক্ষেপতে

        হাইকু হৈছে এবিধ অতি চুটি কবিতা। তিনিটা শাৰীত সামৰণি মৰা কবিতা বিধৰ জন্মস্থান হ'ল জাপান। হাইকুক প্ৰথমে "হুকু" (huku) নামেৰেহে জনা হৈছিল যদিও ঊনবিংশ শতাব্দীত মাশ্বাওকা শ্বিকিয়ে "হাইকু" (Haiku) নাম দিয়ে। জাপানৰ প্ৰসিদ্ধ হাইকু কবি সকলৰ ভিতৰত মাৎছুয়ো বাছ অন্যতম। তেখেতৰ জনপ্ৰিয় হাইকু "পুৰণি পুখুৰী"  Old Pond

ইংৰাজী অনুবাদ 

old pond . . .
a frog leaps in
water’s sound

অসমীয়া অনুবাদ

পুৰণি পুখুৰীত
ভেকুলীটো জঁপিয়ালে
পানীত শব্দ

          বৰ্তমান এই চুটি কবিতা বিধ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ উঠিছে। অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই। জয়ন্তী চুতীয়াই 'বাছ'ৰ "হাইকু ভ্ৰমণ" কিতাপখন অসমীয়ালৈ অনুবাদ কৰি অসমীয়া পাঠকক ইয়াৰ সোৱাদ দিছে।

হাইকুৰ মূলত তিনিটি বৈশিষ্ট থকা দেখা যায়

১/ হাইকুত দুটা চিত্ৰকল্প থাকে। যাক "কিৰু" আৰু "কিৰেজি" বুলি কোৱা হয়।

২/ হাইকুত মুঠ সোতৰটা মাত্ৰা থাকে ৫৭৫। প্ৰথম শাৰীত পাঁচটা, দ্বিতীয় শাৰীত সাতটা আৰু তৃতীয় শাৰীত পাঁচটা মুঠ সোতৰটা। মাত্ৰাৰ বৈশিষ্ট থাকিলেও লামাৰিকৰ দৰে হাইকুতো বৰ্তমান এই নিয়ম কঠোৰ ভাৱে মানি চলা দেখা নেযায়।

৩/ হাইকুত এটা ঋতু বাচক শব্দ থাকে যাক "কিগো" বুলি কোৱা হয়। প্ৰকৃতিৰ পৰা শব্দ বুটলি অনা বাবে হাইকুক প্ৰকৃতিৰ কবিতা বুলিও কোৱা হয়।

মোৰ কেইটিমান হাইকুৰ দৰে কবিতা

বৰষুণ

বৰষুণ জাকত
তৃপ্ত তৃষিত প্ৰাণ
পথাৰ সেউজীয়া।

পুখুৰী

এটোপাল বৰষুণ
পুখুৰীটোৰ বুকুত
পানীত তৰঙ্গ।

সৰাপাত

হালধীয়া সাজ
এপাচি যন্ত্ৰণাত
কঁপে সৰাপাত।

কঁঙালী

উদং ভঁৰাল
পানী ঢলা আখল
কাতি কঙালী।

ফাগুন

ধূসৰ আকাশত
জুইৰ ফিৰিঙ্গতি
ৰাঙলী ফাগুন

আবেলি

বাঁহৰ বাহত
পখীৰ কোৰ্হাল
পশ্চিমত কণি কুহুম

গাঁও

গৰখীয়াৰ উকিত
মাতাল গো-বাট
পথাৰত উশাহ।

কুঁহিপাত

কোমল কুঁহিপাতে
ঘূৰাই দিয়ে উশাহ
পৰ্বতত সেউজীয়া বৈভৱ।।

কৃষ্ণচূড়া

ৰাঙলী পাহি
সেউজীয়াৰ ভাঁজে ভাঁজে
আকাশত বসন্তৰ উৎসৱ।।

১০
গ্ৰীষ্ম

গছৰ ছাঁত
শাওনৰ হালোৱা
পথাৰত বেলিৰ তাণ্ডৱ।।

১১ 
বৰ্ষা

চেঁচা টোপালে
চুমিলে ধৰণী
নদীত মাছৰ নাচ।।

১২

নিয়ৰৰ টোপালত
সেমেকে চোতাল
শীত দুখীয়াৰ দুখ

১৩

চোঁঁ মাৰি মাছুৰুকাই
মাছ এটা ধৰে
ভোক মানেই দৃষ্টিহীনতা

১৪

সপোন এটাই উমলে
নাঙলৰ সীৰলুত
বঙীয়াই বগাই আহে চহৰীয়া দুখ

১৫

ঘূৰি থকা চলনীখনত
একুলা চাউল
হাঁহৰ ডকাত মলখুৰ বিলাপ

      থুলমূল কৈ হাইকুৰ সম্পৰ্কে পাঠকৰ বাবে দুটি শব্দ লিখিলো। লগতে এই অভাজনৰো কেইটিমান হাইকুৰ দৰে কবিতা আপোনালোকলৈ আগবঢ়ালো। ইমান অভিজ্ঞ নহয়, তথাপিও যি জানো তাকে পাঠকক জনোৱাৰ ধৃষ্টতা কণ কৰিলো। 

মঞ্জিত হাজৰিকা
সহঃ সম্পাদক
অঙ্গন


পৃষ্ঠা ৪৪

স্পষ্টিকৰণ

    যোৱা সংখ্যাত প্ৰকাশিত কবিতা "চেতনাত তোমাৰ বাঁহীৰ সুৰ"ৰ কবি মামণি ডেকা। ভুল বশত "মামণি গগৈ"ৰ বুলি প্ৰকাশ হৈ গ'ল। অনিচ্ছাকৃত এই ভুলৰ বাবে অঙ্গনৰ সম্পাদকীয় কক্ষৰ পৰা কবিগৰাকীৰ লগতে পাঠক বন্ধু সকলৰ ওচৰত ক্ষমা ভিক্ষা কৰিলো।



Post a Comment

0 Comments