অঙ্গন (১৬ নং সংখ্যা)

বেটুপাতঃ ১





পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 জানুৱাৰী, 2021

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
মাঘ বিহু আৰু প্ৰাসংগিক চিন্তা

২/ প্ৰৱন্ধ:
ক/ নাৰী শিক্ষাৰ প্ৰসংগিকতা ( মিনাক্ষী গগৈ)
খ/ চিলা দিৱস ( ৰূপা গগৈ)
গ/ বৰ্তমান সমাজত ইলেক্ট্ৰনিক মাধ্যমৰ প্ৰভাৱ (হিৰণ ভূঞা)

৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ধুমুহাই ভঙা সপোন (দুৰ্গেশ্বৰ শইকীয়া)
খ/ অভিশ্ৰুতি (চয়নিকা বৰুৱা)
গ/ পথভ্ৰষ্ট ডিম্বাণু (ধাৰাবাহিক গল্প) (বাস্তৱ বৰা)

৪/ অণুগল্পঃ
ক/ পৰশ্ৰীকাতৰ ( হেমা চৌধুৰী গগৈ)
খ/ তেজৰ সাহস (জেপোলিন ৰাজকুমাৰী)
গ/ অব্যক্ত বেদনা (তুলুমণি বৰুৱা )

৫/ চুটিগল্পঃ
ক/  ভালপোৱাৰ অপমৃত্যু ( প্ৰীতি ৰেখা দাস)
খ/  বেদনা ( জিমি চেতীয়া)

৬/ অনুবাদ কবিতাঃ
ক।  জীৱনৰ গান (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ মূল: স্ব-ৰচিত Song of Life
খ/ জীৱন সুত্ৰ  (তৰুণ  চন্দ্ৰ নাথ)
গ/ কোনেও কথা ৰখা নাই (বাসুদেব দাস)
ঘ/ একটি শিশুর জন্মলগ্নে (বকুল ৰয়
মূল অসমীয়াঃ ৰেখা বৰকটকী)

৭/কবিতাঃ
ক/ চ্যুকাফা (প্ৰাঞ্জল কুমাৰ লাহন)
খ/  অনুভৱৰ দাপোনত দুখ  (ৰীতা বৰুৱা)
গ/ মোৰ প্ৰেয়সীৰ নাম হেনো নিকিৰি (ৰিণ্টু টায়ে)
ঘ/ আশা (পৰিস্মিতা নাথ)
ঙ/ কৃষক (নিহাল গগৈ)
চ/  অবিশ্ৰান্ত যাত্ৰা (মনশ্ৰী বৈৰাগী)
ছ/ মানৱতাৰ বধ্য ভূমি (জোনা বৰঠাকুৰ)
জ/  এতিয়া (নৱজ্যোতি শইকীয়া)
ঝ/  উগ্ৰপন্থী (মুন শৰ্মা) 
ঞ/ অপ্ৰাপ্তিৰ উৰুকা ( আকাংক্ষা বৰা )      
ট/ অনুভৱ (নিশাৰাণী ফুকন)
ঠ/ জুই নুমুৱাব নজনা মানুহ (লক্ষী প্ৰসাদ ৰেগন)
ড/নিয়ৰ (ময়ূৰী ভট্টাচাৰ্য বৰুৱা)

৮/ আমাৰ সংবাদঃ
প্ৰকাশ পালে শৰ্মীষ্ঠা বৰ্মনৰ
এচেৰেঙা কাঁচিয়লি ৰ'দ

৯/ ভ্ৰমণ কাহিনীঃ
মোৰ ভ্ৰমণ ডায়েৰীঃ ৯ গোৱা
শৰ্মীষ্ঠা বৰ্মন

১০/ নীলা খামৰ চিঠিঃ 
ধনঞ্জয় ৰায়

১১/ গল্পঃ
ক/ হাঁহি ( ঊষা দেৱী)
খ/ দুখৰ ডেউকাত সুখৰ আলিংগন ( নীল প্ৰতিম বৰা)
গ/ পৰিসমাপ্তিত, বাজি উঠক এটি বনৰীয়া সুৰ ( বিষাদ ৰঞ্জন বৰবৰা)

১৪/ শিশু সাহিত্যঃ
পৰিশ্ৰম আৰু শিশু (ৰাজশ্ৰী বৰা)

১৫/ গ্ৰন্থ আলোচনাঃ 
অংক নহয় আতংক (অনামিকা বৰা )

১৬/ নৱবৰ্ষ বিশেষঃ 
স্বাগতমঃ ২০২১ (পল্লৱী বড়া )

১৭/ শেষ পৃষ্ঠাৰ লেখাঃ 
ফাগুন আৰু ফাকুৱা ( পৰিণীতা কলিতা)

১৮/ আৰ্ট গেলাৰীঃ
অনিমা মজিদ


পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  প্ৰিন্স, প্ৰিন্সী, ৰয়মশ্ৰী, যোৰহাট।
ফটোঃ মিন্টু ভঁৰালী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।


পৃষ্ঠা ৫
সম্পাদকীয়ঃ

মাঘ বিহু আৰু প্ৰাসংগিক চিন্তা

ভোগালী মানেই ভোগৰ বতৰ। এই সময়ত গাঁৱলীয়া চহা লোকসকলে পথাৰৰ সোণগুটি চপাই ভঁৰাল শুৱনি কৰে। অতি দুখ কষ্টেৰে দিন পাৰ কৰা লোকসকলৰ চকুত হাঁহি বিৰিঙি উঠে। অসমবাসীয়ে এই সময়তে পথাৰত মেজি জ্বলায়, উৰুকাৰ ৰাতি সকলোৱে মিলি ভোজ ভাত খায়, আনন্দ উল্লাস কৰে।
ল'ৰালি কালত আমিও আমাৰ গাঁৱৰ সমনীয়া সকলৰ লগত পথাৰত নৰা কাটিছিলোঁ। পুহ মাহৰ মাজভাগৰ পৰাই আমি নৰা কাটিছিলোঁ যাতে নৰাবোৰ শুকাই থাকে। সাধাৰণতে এই সময়ছোৱাত ৰ'দ বৰ কমকৈ ওলায়। গতিকে কেতিয়াবা নৰাবোৰ নুশুকায় আৰু তেতিয়া আমি ওচৰ চুবুৰীয়াৰ পূজিৰ পৰা খেৰ আনিছিলো আৰু মেজি তিনিটাৰ ভিতৰত নৰা ব্যৱহাৰ কৰি বাহিৰৰ অংশত খেৰ ব্যৱহাৰ কৰিছিলোঁ। তাহানিতেই আমি মন কৰিছিলোঁ যে এই মেজি বনোৱাৰ ক্ষেত্ৰত কিছুমানে শুকান কলপাত, কিছুমানে খৰি আদিও ব্যৱহাৰ কৰিছিল। গাঁওসমূহৰ মাজত ভিতৰি এক প্ৰতিযোগিতাও চলিছিল কোনে কিমান ওখ মেজি সাজিব পাৰে। আমি আমাৰ নিজৰ মেজি সাজি সম্পূৰ্ণ হোৱাৰ পিছত চাইকেল চলাই ওচৰৰ গাঁওসমূহৰ মেজিবোৰ চাবলৈ গৈছিলোঁ। মুঠতে পথাৰত নৰা কটাৰে পৰা আৰম্ভ কৰি, গাঁওখনৰ ঘৰে ঘৰে বাঁঁহ তোলা, সেই বাঁঁহেৰে মেজি সজা, ভেলাঘৰ সজা, ৰাতি ভেলাঘৰত সমনীয়াৰ লগত ভোজভাত খোৱা, ভোজভাতৰ বাবে ঘৰে ঘৰে চাউল তোলা, মেজি জ্বলোৱাৰ দিনা কণী যুঁজ, কুকুৰা যুঁজ আদি উপভোগ কৰা আদি সকলোবোৰ মিলি এক আনন্দমুখৰ পৰিৱেশৰ সূচনা কৰিছিল।
লাহে লাহে গাঁৱৰ ডেকা ল'ৰাবোৰ চহৰমুখী হ'ল। বাকী সীমিত সংখ্যকেও নিজৰ বৃত্তিৰ বাবেই হওক বা অন্যান্য সমস্যাৰ বাবেই হওক এনে এক পৰম্পৰাৰ বাবে সময় দিব নোৱৰা হ'ল। গতিকে লাহে লাহে এই পৰম্পৰা লোপ পাবলৈ আৰম্ভ কৰিলে। এই ছবিখন বৰ্তমান অসমৰ প্ৰায় সকলো গাঁওতেই দেখিবলৈ পোৱা গৈছে। চহৰাঞ্চলত বাস কৰা লোকসকলে দুই তিনিঘৰে মিলি ৰাস্তাৰ দাঁতিতেই কেইডালমান খৰি গোটাই অথবা অকণমান শুকান জাৱৰ জোথৰ গোটাই মেজি এটা সাঁজি তাকেই জ্বলাই নিজকে প্ৰবোধ দিছে। এইদৰেই এতিয়া আমি সকলোৱে ভোগালী উত্সৱ পালন কৰিছোঁ বা পালন কৰিবলৈ বাধ্য হৈ পৰিছোঁ। উঠি অহা প্ৰজন্মই বৰ্তমানৰ এই পৰিৱেশটোকেই মাঘ বিহু বুলি ভাবিবলৈ লৈছে।
দুটি প্ৰজন্মৰ মাজত আহি পৰা এই ব্যৱধানে কেৱল মাঘ বিহুতেই প্ৰভাৱ পেলোৱা নাই। এই ব্যৱধানৰ বাবেই আজিৰ প্ৰজন্মই প্ৰকৃত আনন্দ উল্লাসৰ পৰা বঞ্চিত হৈছে, বস্তুবাদী চিন্তাই সকলোৰে মনবোৰ ভাৰাক্ৰান্ত কৰিছে। উঠি অহা চামটোৰ মাজত মৰম-চেনেহ, ভাতৃত্ববোধৰ, একতাৰ অভাৱ দেখা গৈছে। এই ব্যৱধানৰ প্ৰকৃত কাৰণ কি এইয়া আমাৰ চৰ্চাৰ বিষয় নহয়। আজিৰ আলোচনাৰ বিষয় হৈছে, এনে এক জটিল সন্ধিক্ষণত আমি কি কৰা উচিত!
মূল প্ৰসংগটো হৈছে উদ্যোগ লোৱা ব্যক্তিৰ অভাৱ। উঠি অহা চামটোৱে ভাৱে বয়োজ্যেষ্ঠ সকলে কিয় একো ভূমিকা পালন নকৰে আৰু বয়োজ্যেষ্ঠসকলে ভাৱে আমি এনেবোৰ কাম কৰিলো, গতিকে এতিয়া নতুন চামটোৱে কামবোৰ কৰক, শিকক। আমি সততে পাহৰি যাওঁ যে উঠি অহা চামটোক আমিয়েই শিকাব লাগিব, ভোগালী বিহুৰ প্ৰকৃত ছবিখন সিহঁতৰ সন্মুখত ডাঙি ধৰিব পাৰিব লাগিব।
বৰ্তমান আমি প্ৰতিজন ব্যক্তিয়েই ব্যস্ত। নিজ নিজ কৰ্মক লৈ সকলো সচেতন। এই সচেতনতা আমাৰ চৌপাশৰ সমাজখনক লৈও থাকিব লাগিব। কিয়নো, এখন সুস্থ তথা সুন্দৰ সমাজতহে ব্যক্তিৰ জীৱনো সুন্দৰ হৈ পৰে। সমাজখনক অৱহেলা কৰি কোনেও প্ৰকৃত সুখ লাভ কৰিব নোৱাৰে।
আহকচোন, আমি সকলোৱে পণ লওঁ। উঠি অহা চামটোৰ বাবে অন্ততঃ উদ্যোগ লওঁ, আমাৰ জাতীয় উত্সৱ বিহুটিক সৰ্বাঙ্গসুন্দৰ কৰি তোলো।

হেমেন নাথ
সম্পাদক, অঙ্গন


পৃষ্ঠা ৬
প্ৰৱন্ধঃ

নাৰী শিক্ষাৰ প্ৰাসংগিকতা

সত্য, অহিংসা আৰু মানৱ প্ৰেমৰ অপূৰ্ব প্ৰতিমূৰ্তি মহাত্মা গান্ধীয়ে নাৰীৰ প্ৰতি পোষণ কৰিছিল এক গভীৰ শ্ৰদ্ধা। বিশেষকৈ সমাজ এখন গঢ়াত নাৰীৰ ভূমিকা সম্বন্ধে নিজৰ অভিমত বিভিন্ন কাকত-পত্ৰত লিখাৰ উপৰিও বহু কেইটা বক্তৃতাৰে বিভিন্ন সময়ত মত প্ৰদান কৰিছিল। সমাজ এখন গঢ়িবৰ বাবে পুৰুষৰ যিমান দায়িত্ব নাৰীৰো সেই একেই দায়িত্বৰ কথা উপলব্ধি কৰিয়েই তেওঁ নাৰীৰ বিষয়টো সঘনে উল্লেখ কৰিছিল। এখন ডেউকাৰে চৰায়ে যেনেকৈ আকাশত উৰিব নোৱাৰে, ঠিক তেনেকৈ সমাজৰ এফাল স্বৰূপ নাৰীক বাদ দি পুৰুষেও কোনো উল্লেখযোগ্য কাম কৰিব নোৱাৰে। 
   গান্ধীজীয়ে কৈছিল নাৰীক যোগ্য শিক্ষাৰ লগতে নাৰীত্ব উপলব্ধি কৰিবলৈ সুবিধা দিব লাগে। শিক্ষাৰ দ্বাৰা নাৰীয়ে অন্তৰৰ শক্তি বঢ়াব পাৰে। সেয়েহে পুৰুষৰ সমানে নাৰীকো শিক্ষাৰ দৰকাৰ। এখন দেশ বা সমাজৰ উন্নতি অথবা অৱনতি বহুলাংশে নিৰ্ভৰ কৰে সেই দেশৰ নাৰীৰ প্রগতিৰ ওপৰত। আজিৰ কন্যা ভবিষ্যতৰ মাতৃ। বৰ্তমান সংকটময় জীৱন যাত্ৰাত নাৰী শিক্ষা আৰু ইয়াৰ সৎ ব্যৱহাৰৰ ওপৰতেই পৰিয়ালৰ সুখ শান্তি আৰু ৰাষ্ট্ৰৰ প্ৰগতি নিৰ্ভৰ কৰে।  জৱাহৰলাল নেহৰুৱে এই ক্ষেত্ৰত সঠিক গুৰুত্ব আৰোপ কৰিয়ে কৈছিল যে, এজন ল'ৰাক শিক্ষা দিয়া মানে হ'ল এজন পুৰুষক শিক্ষিত কৰি তোলা, কিন্তু এজনী ছোৱালীক শিক্ষা দিয়া মানে হ'ল এটা পৰিয়ালক শিক্ষিত কৰি তোলা। 
         প্ৰাচীন ভাৰতীয় সমাজত নাৰী শিক্ষাৰ সমাদৰ আছিল।  ইয়াৰ ফলত কেইগৰাকীমান নাৰীয়ে অৰ্জন কৰা পাণ্ডিত্যৰ প্ৰমাণ বেদ আদি গ্ৰন্থত পোৱা যায়।  মধ্যযুগতো ভাৰতত মুছলমান আক্ৰমণ আৰু প্ৰশাসন আৰম্ভ হোৱাৰ আগলৈকে সম্ভ্ৰান্ত পৰিয়াল বোৰৰ ওপৰিও সাধাৰণ মানুহৰ ঘৰতো নাৰী সকলৰ মাজত বিদ্যা-শিক্ষা প্ৰচলিত আছিল। ইষ্ট-ইন্দিয়া ক'ম্পেনীৰ শাসন কালৰ প্ৰথমছোৱাত ছোৱালী বা তিৰোতাসকলৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়া হোৱা নাছিল। অৱশ্যে খৃষ্টান মিছনেৰীসকলে এই বিষয়ত যত্নপৰ হোৱাৰ ফলত মুম্বাই, চেন্নাই আৰু কলিকতাক কেন্দ্ৰ কৰি কেইবাখনো মহিলা শিক্ষাৰ অনুষ্ঠান গঢ়ি উঠে। ১৮৮২ চনত হান্টাৰ আয়োগে মহিলা শিক্ষাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰি এই শিতানত অধিক ধন খটোৱাবৰ কাৰণে চৰকাৰক পৰামৰ্শ দিয়ে। বিংশ শতাব্দীৰ আৰম্ভণিৰ লগে লগে মহিলা শিক্ষাৰ ক্ষেত্ৰত দেশত নৱজাগৰণ পৰিলক্ষিত হৈছিল। ১৯৫২-৫৩ চনত মুদালিয়াৰ আয়োগে আৰু ১৯৬৪-৬৬ চনত কোঠাৰী আয়োগৰ বিভিন্ন পৰামৰ্শাৱলীৰ ভিত্তিত মহিলাৰ কাৰণে নানা সুবিধা আৰু নতুন পৰিকল্পনা কৰা হৈছিল। তথাপিও বিভিন্ন ক্ষেত্ৰত হোৱাৰ দৰে মহিলা শিক্ষাৰ ক্ষেত্ৰত বিশেষ উন্নতি হ'ল বুলি ক'ব নোৱাৰি। মহিলা-পুৰুষৰ শিক্ষিত হাৰত থকা বিৰাট ব্যৱধানত এতিয়াও অন্ত পৰা নাই।
    এই ব্যৱধানৰ অন্যতম কাৰণ হ’ল সামাজিক , ৰাজৈনিতক আৰু পুৰুষ-প্ৰধান সমাজৰ মনোভাৱ ৷ পুৰুষ আৰু নাৰীৰ মাজত  থকা এই ব্যৱধান আঁঁতৰোৱাৰ একমাত্ৰ উপায় হ’ল সমাজৰ সকলো নাৰীকে প্ৰকৃতাৰ্থত শিক্ষিত কৰি তোলা ৷ আমাৰ  নাৰীসকল এতিয়াও নানা ধৰণৰ কু-সংস্কাৰ, ধৰ্মীয় গোড়ামি, সংকীৰ্ণতা, যৌতুক প্ৰথা , বাল্য  বিবাহ আদিৰ দৰে ৰক্ষণশীল সামাজিক প্ৰথাৰ বলি হৈ আছে ৷ গতিকে ভাৰতৰ সংবিধানত নাৰী আৰু পুৰুষৰ মাজত কোনো বিভেদ ৰখা হোৱা  নাই ৷ তথাপি  ভাৰতীয় নাৰীয়ে সেচতনতা আৰু সজাগতাৰ অভাৱত এই অধিকাৰ ভোগ কৰিব জনা নাই ৷ পুৰুষ প্ৰধান সমাজত পুৰুষৰ দ্বাৰাই তেওঁলোক  এতিয়াও শোষিক, দমিত আৰু নিষ্পেষিত হৈ আছে ৷নাৰী যিমানেই উন্নতিৰ পথত অগ্ৰসৰ  নহওক কিয় , পুৰুষ  শাসিত সমাজত তেওঁলোকৰ স্থান সদায় তলত। আৰ্থিক  দিশতো নাৰীসকল পুৰুষৰ ওপৰত নিৰ্ভৰশীল ৷ এই সকলোবিলাক দিশ চালি জাৰি চাই এইটো ক’ব পাৰি যে নাৰীসকল উপযুক্ত
শিক্ষাৰে শিক্ষিত হৈ উঠিলেহে সমাজত নাৰী পুৰুষৰ মাজত থকা এই বৈষম্য আঁতৰ কৰা সম্ভৱ হ’ব ৷
       স্ত্ৰী - শিক্ষাৰ এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি দেশত ব্যাপক হাৰত স্ত্ৰী-শিক্ষাৰ প্ৰচলন কৰিবলৈ তলত উল্লেখ কৰা দিশসমূহত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷ 
(১)   স্ত্ৰী-শিক্ষাৰ  সম্প্ৰসাৰণৰ বাবে বিভিন্ন দিশৰ পৰা ব্যাপক প্ৰচাৰ কাৰ্য্যত আৰু জনমত গঠনত গুৰুত্ব  আৰোপ কৰিব লাগিব৷
(২)  শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত স্ত্ৰী-শিক্ষাক আৱশ্যকীয় বুলি গ্ৰহণ কৰিব লাগে ৷
(৩)  অতি সানকালে গাঁও অঞ্চলত ছাত্ৰীসকলক শিক্ষাৰ আৱশ্যকীয় সঁজুলি বিনামূল্য দিব লাগে ৷
(৪)  প্ৰত্যেক মহকুমাৰ সদৰ ঠাইত একোখন ছোৱালী হাইস্কুল বা উচ্চতৰ মাধ্যমিক স্কুল চৰকাৰী কৰিব লাগে ৷
(৫)  পৰম্পৰাগত ভাৱে ছোৱালীৰ বা ল’ৰাৰ কাম বুলি কােনা হাতৰ কাম  বা শিল্প আদিৰ ক্ষেত্ৰত শিক্ষাৰ বিভেদ ৰাখিব নালাগে। 
(৬)  উপযুক্ত বয়সৰ ছোৱালীক স্কুলত ভৰ্ত্তিকৰণৰ বাবে উৎসাহ দিবলৈ ব্যৱস্থা হাতত ল’ব লাগে ৷ অভিভাৱক সকলে এই ক্ষেত্ৰত  সেচতন হ’ব লাগে ৷
(৭)  মহিলাৰ বাবে স্নাতকোত্তৰ বৃত্তিৰ ব্যৱস্থা অধিক কৰিব লাগে ৷
(৮)  বিদেশত অধ্যয়নৰ  কাৰণে বৃত্তিৰ ব্যৱস্থা কৰিব লাগে।
(৯)  জনসাধাৰণৰ মাজত মহিলা শিক্ষাৰ প্ৰয়োজন সম্বন্ধে সেচতনতা আনিবৰ কাৰেণ চৰকাৰী, বেচৰকাৰী সামাজিক কল্যাণমূলক অনুষ্ঠানৰ সহযোগত প্ৰচাৰ-কাৰ্য আৰু স্কুলৰ ছাত্ৰী ভৰ্ত্তি সংখ্যা বৃদ্ধিকৰণৰ বিশেষ অভিযান সংগঠিত কৰিব লাগে ৷
(১০)  প্ৰাপ্তবয়স্ক মিহলাসকলৰ মাজত শিক্ষা বিস্তাৰৰ বাবে বিশেষকৈ গাঁও আৰু অনুন্নত অঞ্চলবোৰত ইয়াৰ বাবে সংক্ষিপ্ত পাঠ্যক্ৰমৰ প্ৰচলন কৰিব লাগে ৷
            সামৰণিত ক’ব পাৰি যে গণতান্ত্ৰিক সমাজ এখনত নাৰীৰ মৰ্যদা বৃদ্ধি কৰি নাৰীয়ে নিজকে মানুহ হিচাপে প্ৰতিষ্ঠিত কৰাবলৈ  হ’লে প্ৰত্যেক গৰাকী নাৰীয়ে উপযুক্ত শিক্ষা পাবই লাগিব ৷সমাজত চলি থকা নানা ধৰণৰ কু-সংস্কাৰ, নাৰী নিৰ্যাতন,  শোষণ, বঞ্চনা  আদি সকলোৰে মূলতে হ’ল নাৰীৰ নিৰক্ষৰতা ৷ প্ৰকৃততে এটা জাতিৰ অন্তৰাত্মাক আবিষ্কাৰ  কৰিবলৈ হ’লে সেই জাতিটোৰ পুৰুষ সমাজখনৰ লগতে নাৰীৰ শৈক্ষিক, ৰাজনৈতিক, অৰ্থনৈতিক মৰ্য্যদাৰ ওপৰত গুৰুত্ব দিব লাগিব ৷ তাৰ কাৰেণ লাগিব শিক্ষা ৷ মেক্ৰিমগৰ্কীয়ে লিখিছিল যে যদি নাৰীক বিকাশৰ পথত বিপথে পৰিচালিত কৰা নহ'ল হেতেন, নাৰীৰ কৰ্তব্য যদি কেৱল ৰক্ষিতা, মাতৃ , ঘৰ ৰাখোঁতা হিচাপে সীমিত কৰা নহ'ল হেতেন, যদি নাৰীক বিশাল জনসাধাৰণৰ সাংস্কৃতিক আৰু ৰাজনৈতিক কামৰপৰা আঁতৰাই সংকীৰ্ণ পৰিসৰত ৰখা নহ'লে হেতেন , সংস্কৃতি দুগুণে অগ্ৰসৰ হ'ল হেতেন ৷ ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনৰ উত্তৰ পুৰুষ চামক ভৱিষ্যতৰ বাবে সুস্থ সবল সুনাগৰিক কৰি গঢ়ি দেশ আৰু জাতিৰ সমৃদ্ধি আৰু  বিকাশত আগবঢ়াই নিবলৈ হ’লে নাৰীয়ে উপযুক্ত শিক্ষা পাবই লাগিব  ৷

মিনাক্ষী গগৈ
ডিগবৈ


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

চিলা দিৱস ( kite festival )


           প্ৰতিবছৰে ১৪ জানুৱাৰী দিনটোত  চিলা দিৱস ( kite festival ) হিচাবে গুজৰাটত বহুত ধুম-ধামেৰে পতা হয় । গোটেই ভাৰতবৰ্ষতে এই দিনটো মকৰসংক্ৰান্তি বুলি জানিব পাৰি আৰু সকলো ঠাইতে নিজৰ নিজৰ কৃষ্টিৰে পালন কৰে।
       পুহৰ ঠেৰেঙা লগা ঠাণ্ডাত সকলোৰে শৰীৰত নানা ৰোগে দেখা দিয়ে । বয়সস্থ মানুহৰ বাবে বৰ কষ্টকৰ সময় এই ঠাণ্ডাৰ দিন কেইটা । সেয়ে ঠাই বিশেষে কিছুমান ব‍্যৱস্থা ঠিক কৰা আছে যিটো পৰম্পৰা হিচাবে মানুহে পালন কৰি আহিছে । এই সময়ত সূৰ্য্য উত্তৰায়ণ হয় সেয়ে এই উৎসৱৰ উত্তৰায়ণ বুলিও জনা যায় । যি কোনো প্ৰকাৰে সূৰ্য্যৰ উত্তাপ শৰীৰত পৰিলে নানা ধৰণৰ বেমাৰ আজাৰ নিৰ্মূল হয় আৰু ঠাণ্ডাত হোৱা জ্বৰ , কাহ , চৰ্দী এইবোৰৰ পৰাও ৰক্ষা পাব পাৰি । সেয়ে এই দিনটো সূৰ্য্যলৈ চাই সূৰ্য্যৰ উত্তাপ লৈ নিজৰ শৰীৰৰ উপকাৰ কৰাৰ ওপৰিও আনন্দ লাভ কৰাৰ বাবে এনে কিছু উৎসৱৰ মূল উদ্দেশ্য ।
          চিলা দিৱসৰ পুৱাতেই ঘৰৰ সকলো সদস্যৰ লগতে কাষৰ প্ৰতিবেশী ইষ্ট -কুটুম ল'গ হৈ মুকলি আকাশৰ তললৈ ওলাই অথবা চাদৰ ওপৰলৈ যায় ।  গোটেই দিনটো চিলা উৰুৱাই পাৰ কৰে । লগতে নানা তৰহৰ মিঠাই পকোৱান বনাই আৰু এঘৰে আনঘৰক বিলাই । সকলোৱে দিনটোৰ বাবে খোৱা বস্তু বনাই ওপৰলৈ লৈ যায় আৰু তাতেই খোৱা বোৱা কৰি অতি আনন্দ কৰে । পৃথিৱীৰ সকলো ঠাইৰ মানুহেই এই চিলা উৰুৱাৰ  দিৱস উপভোগ কৰি ভাল পায় । কেতিয়াবা এই সময়ত চিলা উৰুৱাবৰ বাবে অনেক ঠাইৰ পৰা মানুহ গুজৰাটলৈ আহে আৰু কিছুমান বিশেষ ঠাইত বিশেষ মানুহৰ বাবে চিলা দিৱস উপভোগৰ ব‍্যৱস্থা কৰে ।
        এদিনৰ বাবে আকাশ খন অতীব শুৱনী হৈ পৰে ৰং-বিৰঙৰ চিলাই । চালে চাই থাকিব মন যায় । ব‍্যস্ততাৰ শিকলি চিঙি যান্ত্ৰণাকাতৰ সময়ৰ পৰা আঁঁতৰি সকলোৰে সৈতে মিলিজুলি একত্ৰিত হোৱাৰো সুযোগ দিয়ে এই উৎসৱ পালনে ।
          উৎসৱ মানেই আনন্দ উল্লাহ উদ্দীপনা । সকলোৰে জীৱনৰ পৰা দুখ বেদনা কাঢ়ি নিয়ক এই উৎসৱে চিলাৰ দৰে ৰঙীন হৈ পৰক সকলোৰে জীৱন । ক'ৰনাৰ মহাত্ৰাসৰ পৰা মুক্ত হ‌ওক জীৱন । হাঁহি আৰু সুখেৰে ফুলি উঠক মানৱ জাতিৰ মন তাকেই কামনা কৰিলোঁ । সকলোলৈ চিলা দিৱস বা উত্তৰায়ণ আৰু মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

ৰূপা গগৈ
গুজৰাট ( বৰোডা )
7984517006


পৃষ্ঠা ৮
প্ৰৱন্ধঃ

বৰ্তমান সমাজত ইলেক্ট্ৰনিক মাধ্যমৰ প্ৰভাৱ


ইলেক্ট্ৰনিক মাধ্যম বুলিলে বিভিন্ন কাৰুকাৰ্য্য (টেকনলজি) যিবোৰ বিদ্যুটিক পদ্ধতিত পৰিচালিত হয়। যিবোৰ আধুনিক সমাজত, বিভিন্ন কলা কৌশলীয়ে ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে... ডিজিটেল পদ্ধতি, ভিডিঅ , অডিঅ ৰেকৰ্ডিং আৰু অনলাইন ব্যৱস্থা । তাৰোপৰি টেলিভিছনৰ বিভিন্ন চেনেল, ৰেডিঅ, টেলিফোন, কম্পিউটাৰ আদি। 
     ডিজিটেল মিডিয়া বা ইলেক্ট্ৰনিক মাধ্যমটো জনসাধাৰণৰ মাজলৈ আহিছে কুৰি শতিকাত। ১৯৪৫ চনত  Vannever Bush নামৰ ইঞ্জিনীয়াৰ এজনে পোন প্ৰথম বাৰৰ বাবে এটা লেখা প্ৰকাশ কৰিছিল  'আট‌্লাণ্টিক মাহিলী'  নামৰ বাতৰি কাকতত 'As we may Thank' নামৰ প্ৰৱন্ধটো। 
মিডিয়া মঞ্চ বুলিলে সাধাৰণতে লেখক আৰু পঢ়ুৱৈ আৰু অন্যান্য ব্যৱহাৰকাৰী সকলে সহজে ব্যৱহাৰ কৰিব পৰা  এখন মঞ্চ ফেচবুক, টুইটাৰ, ইঞ্চট্ৰাগাম আদি। এইবোৰ মাধ্যমেৰে লেখকে লিখে আৰু তেওঁৰ অনুসৰণকাৰী সকলে তাৰ ফল লাভ আদায় কৰিব পাৰে। এই মাধ্যমত প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি উঠে লেখক আৰু পঢ়ুৱৈ বা অনুসৰণকাৰীৰ মাজত। 
ইলেক্ট্ৰনিক মিডিয়াৰ সুবিধা কি কি বুলিলে ২০১৯ চনত মেৰিয়েন ওৱেষ্টাৰ ( Marian Webster)    কৈছে যে, সামাজিক মাধ্যম ৰূপে ব্যৱহাৰ কৰা সকলো অনলাইন পদ্ধতিৰ (users) গ্ৰাহক বা ব্যৱহাৰকাৰীৰ মাজত ইউজাৰৰ উদ্দেশ্য, লক্ষ্য, প্ৰায়োগিক দিশ চেয়াৰ কৰিব পাৰে আৰু অনুসৰণ কাৰী সকলে নিজৰ মন্তব্য বা বাৰ্তা বিনিময় কৰিব পাৰে। ইন্টাৰনেট আৰু চেলফোনে মূখ্য ভূমিকা পালন কৰি আহিছে। ব্যৱহাৰকাৰী সকল  ছাত্ৰ, শিক্ষক, ডাক্তৰ, ইঞ্জিনিয়াৰ, ব্যৱসায়ী, কাৰিকৰ, মিস্ত্ৰী, গাড়ী চালক, সাধাৰণ বেপাৰী, বনুৱা, গৃহিনী, আনকি ঘৰে ঘৰে কাম কৰা শ্ৰমিক সকলেও ইয়াৰ সুবিধা উপভোগ কৰিছে, লাভৱান হৈছে। 
   বৰ্তমান ইলেক্ট্ৰনিক মিডিয়াৰ ভিতৰত ফেচবুক আৰু হোটচএপ বেছিকৈ জনপ্ৰিয় হৈছে। গ্ৰাহকে নিজৰ নামত এটা একাউন্ট খুলি তাৰ পিছত বন্ধুৰ লিষ্ট কৰিলে হ'ল। কথা বতৰা  মিটিং কাজিয়া সকলো সহজে কৰিব পাৰে। এই সুবিধাৰ বাবে কেইবছৰমানৰ পৰা অসংখ্য লেখক - লেখিকাৰ জন্ম হৈছে। শিল্পী, ৰান্ধনী, আদি বিভিন্ন বিষয়ৰ পাৰদৰ্শী লোক জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ফেচবুকত এটা ভাল সুবিধা হ'ল নিজৰ টাইম লাইনত কিবা এটা পোষ্ট কৰক দহ মিনিটৰ ভিতৰত লাইক কমেন্ট পাই যাব। প্ৰথমে আপোনাক উৎসাহিত কৰিব। পিছত লিখাটো বা আপোনাৰ চৰ্চা কৰা বিষয়ৰ মানদণ্ড আপুনি নিজে বিচাৰ কৰিব পাৰে। ইয়াৰ ফলত মানুহক উৎসাহিত কৰাৰ লগতে পাৰদৰ্শী কৰি তোলাত সহায় কৰে। তাৰোপৰি বিভিন্ন ঠাইৰ বিভিন্ন বন্ধত্বই আপোনাক জীয়াবলৈ অনুপ্ৰাণিত কৰাৰ উপৰিও অভিজ্ঞ কৰি তোলে। ভাল বেয়া দুয়োটা অভিজ্ঞতা হ'ব নিশ্চিত। পৃথিৱীখন সৰু হৈ যায়। দেশ বিদেশৰ বন্ধুৱে দিয়ে বিভিন্ন সোৱাদ... ওৱাও... কি বিনন্দীয় পৃথিৱী! সঁচাকৈ বৰ সুন্দৰ অনুভৱ ।সকাৰাত্মক দৃষ্টিৰে নিৰিক্ষণ কৰিলে সকাৰাত্মক ফল পোৱাটো স্বাভাৱিক। তেনেদৰে নেতিবাচক ব্যৱহাৰে নেতিবাচক ফল পাব। মানুহটোৱে মনটো আৰু শিক্ষা। নিজৰ ভাগৰ কৰ্ম ফল নিজে ভোগ কৰিব। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কোনো প্ৰশাসক নাথাকে। মন গলে নিজে আঁঁতৰি আহিব পাৰে exist হ'ব পাৰে বা unfriend বা ব্লক কৰিব পাৰে। সেয়াও আপোনাৰ ব্যক্তিগত সিদ্ধান্ত। 
      ফেচবুকৰ পিছত জনপ্ৰিয় সামাজিক মিডিয়া হ'ল হোটচএপ। এইটো ফেচবুকতকৈ বেছি জনপ্ৰিয় আৰু সহজে ব্যৱহাৰ কৰিব পৰা মাধ্যম। কাম কৰা মানুহজনী কামলৈ আহিব নোৱাৰে ফোনত ভইচ মেচেজ কৰি থলে
হ'ল। মালিকনীয়ে খুলি চালেই খবৰ পাই যাব।  ফোন কৰাৰ প্ৰয়োজন নাই। ঠিক তেনেদৰে মোৰ মাৰ দৰে অতি কম পঢ়া মা আইতাহঁতে ভিডিঅ কল বা হোটচএপত মনৰ   কথা লিখি জী জোঁৱাই, পুত্ৰ বোৱাৰীলৈ পঠাব পাৰে। যিটো পঠোৱাৰ লগে লগে পায়। সময়ৰ সৎ ব্যৱহাৰ, সময় সংৰক্ষণ। কি যে সুবিধাৰ দিন আহিল নহয় নে বাৰু ? চকুৰ আগতে কেইটামান বছৰতে পৃথিৱী খনৰ কি আমোল পৰিৱৰ্তন ? এতিয়া হাতে হাতে মোবাইল ফোন সকলোৱে ব্যস্ত। কোনো কাৰো ঘৰত চাহৰ শ্ৰাদ্ধ নকৰে। ক'ব লগা বা সুধিব লগা সকলো কথা লিখি পঠালে হ'ল। সময় কটাবলৈ সুন্দৰ সুলভ মাধ্যম। আজিকালি বয়স্ক সকলেও আমনি লগা বুলি নকয়। কাৰণ বাতৰি কাকত, আলোচনী, কবিতা নাটক, চিনেমা বিভিন্ন খেল সকলো হাততে লুকোৱা মুঠিতে থকা মোবাইল ফোনটোৱে দিয়ে। সঁচাকৈ বিজ্ঞানৰ চমক, আচাৰ্য্য, আপ্লুত । 
       বিশেষকৈ ক'ভিদৰ সংকটপূৰ্ণ সময়ত ছ'চিয়েল মিডিয়াই চমক প্ৰদ সফলতা পাইছে। অন লাইন শ্ৰেণীত পঢ়া, অফিচ কাছাৰী অনলাইনত চলা। অন লাইনত সাহিত্য চৰ্চা, অন লাইনত বস্তু ক্ৰয় বিক্ৰী আদি বিভিন্ন দিশ সামৰি লৈছে। মানুহে সময়ৰ সৎ ব্যৱহাৰ কৰি অনলাইন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হৈছে। মুঠতে সামাজিক মাধ্যমত আজিৰ তাৰিখত অনলাইনত ইলেক্ট্ৰনিক মাধ্যম আৰু ডিজিটেল মাধ্যমে এক বিশেষ স্থান প্ৰাপ্ত কৰিছে। যাক এৰাই চলাটো কল্পনাৰো অগোচৰ।

হিৰণ ভূঞা
মুম্বাই


পৃষ্ঠা ৯
ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন


দুৰ্গেশ্বৰ শইকীয়া
মাজুলী

(বাৰ)

যোৱা সংখ্যাৰ পিছৰ পৰা
   সম্পূৰ্ণ এটা নতুন গতি ধাৰাৰে ধাৱমান হʼল মোহনৰ জীৱনৰ ৰথ । আগতে ঘৰত মাক জনী আছিল । তেওঁৰ বাবে চিন্তা কৰিব লগা হৈছিল ; কিন্তু মাকৰ মৃত্যু যেন তাক একেবাৰে উদাস কৰি পেলালে । খেতি পথাৰৰ সামান্য কাম । সেই খিনি শেষ কৰি ৰাজহুৱা কামতে টলৌ টলৌ কৈ ঘূৰি ফুৰে । তাৰ মাজতে যেন বিচাৰি পায় কিছু মানসিক শান্তি । স্বপ্নাৰ কথাবোৰেও তাক বৰ বিমোৰত পেলায় । ইমান বুজোৱাৰ পাছতো এই ছোৱালী জনীয়ে তাৰ বাহিৰে অন্য কথা কোনোপধ্যেই চিন্তা নকৰে ।
     পুৱা হালখন বায় ঘৰলৈ আহি গাটো ধুলে মোহনে । ভাত দুটামান ৰান্ধি খাই ওলাই যোৱাৰ কথা ভাবিলে সি । সৰু পাক ঘৰটোলৈ সোমাই ভাত ৰন্ধাৰ যোগাৰ কৰিলে । চাউল দুটামান  ধুই কাঁহী এখনত থৈ , আন এখনত টেকেলি এটাৰ পৰা মাটি মাহ দুটামান উলিয়াই পানী দি তিয়ালে মুঢ়াটো চৌকাটোৰ ওচৰতে লৈ জুইকুৰা ধৰিবলৈ লওঁতেই যেন হঠাৎ মাকৰ ছবিখন তাৰ চকুৰ আগত ভাহি উঠিল ।
        হঠাতে স্বপ্না সোমাই আহিল । "স্বপ্না তই"
       "এৰা ময়েই । কিয় মোক দেখি ভয় খালি নেকি ? নাথাকো দে আজিৰ পৰাই ।
       স্বপ্নাৰ কথাৰ উত্তৰত সি ভাৱি নাপায় মনে মনে ৰ'ল । পীৰা এখন আনি তাই তাৰ ওচৰতে বহি সুধিলে "এনেকৈ মন মাৰি বহি আছ যে ? গা চা বেয়া নেকি ?
         নহয় অ' । বৌটিৰ বাহিৰেনো‌ মোৰ কোন আছিল । মোক এৰি তেওঁ গʼলগৈ । হাল খন বায় আহি পাক ঘৰটোত সোমাওঁতে বৰকৈ বৌটিৰ স্মৃতিবোৰে আমনি কৰাত এনেকৈ আছো ।ʼʼ চকুৰ কোণ কেইটা তাৰ সেমেকি উঠিল । 
           "কি কৰিবি ? এয়েতো মানুহৰ জীৱন ।ʼʼ সমবেদনাৰ সুৰত কʼবলৈ ধৰিলে তাই । "দুখবোৰ আমাৰ চিৰ লগৰীয়া । দুখ নথকা হʼলে সুখৰ জানো কিবা মূল্য থাকিল হেঁতেন । হʼব দে । দুখ কৰি নাথাকিবি । আমিবোৰ আছো নহয় ।ʼʼ

           পীৰা খন তাই চৌকাটোৰ ওচৰলৈ চপাই নিলে আৰু জুইকুৰা জলালে । সৰু বটুৱাটোত পানী ভৰাই চৌকাত তুলি দিলে । চাউলৰ কাঁহীখনো ওচৰলৈ চপাই নিলে । কিছু ইতস্ততঃ কৰিলে । " কি কৰ স্বপ্না ? ভাত.........ʼʼ । তাৰ কথাষাৰ শেষ কৰিবলৈ নিদি তাই কʼলে "আজি যেনিবা ময়েই ৰান্ধিলো তাতে কি হʼল ? দুপৰলৈকে হাল বা‌ই আহি এনেকৈয়ে থাকিবিনে ? আৰুতো এদিন এইটো পাক ঘৰৰ দায়িত্ব ময়েই লʼব লাগিব আজিয়েই যেনিবা তাৰ শুভাৰম্ভ কৰি থʼলো ।ʼʼ

        তাৰ ভাৱ গধুৰ মনটোক তাই কিছু পাতল কৰাৰ প্ৰয়াস দিলে । গৰম হোৱা পানী খিনিত চাউল কেইটা বহাই দিলে । সি উলিয়াই থোৱা মাটি মাহ কেইটাৰ লগতে পানী চাঙৰ খৰাহী এটাৰ পৰা আলু দুটামান আনি কটাত লাগিল । শিল পৰা কপৌৰ দৰে সি সেইপিনেই থৰ লাগিল । এই ছোৱালী জনীক বাধা দিও লাভ নাই । এনেকৈ এই অৱস্থাত মানুহে দেখিলে বাৰু কি ভাবিব ? মনত খেলোৱা কথাটো সি ফুটাই কৈয়ে পেলালে , "স্বপ্না, তই যদি এনেকৈ ভাত ৰান্ধি থকা অৱস্থাত কোনোবাই দেখে কি ভাৱিব বাৰু ? ʼʼ 
           "যিয়ে যি ভাবে ভাবি থাকে । মোৰ কি আহে যায় ? কাক কি কʼব লাগে ময়ে কʼম ? আৰু এই ভৰ দুপৰীয়া খাৱন -জিৰণ এৰি কোনো তোৰ ঘৰত মৰিবলৈ নাহে ।ʼʼ স্বপ্নাই তাক নিৰস্ত্ৰ কৰিলে । মোহন যেন কিছু বিবুধিত পৰিল । অগ্যতা নীৰৱে চাই থকাৰ বাহিৰেতো আৰু উপায় নাই । মুঢ়াটো বেৰৰ কাষলৈ চপাই লৈ নিশ্চুপ হৈ বেৰখনতে আউঁজি বহি থাকিল সি । আঁৰ চকুৱে তাৰ অসহায় যেন অনুভৱ কৰি থকা মুখৰ অৱয়বটোলৈ চাই তাই মুখ টিপি হাঁহিলে । এটা সময়ত তাইৰ ভাত ৰন্ধা হʼল ।  ভাত বাঢ়ি মজিয়াত পীৰা এখন পাৰি দি তাক ভাত খাবলৈ মাতিলে । সিও বাধ্য লʼৰাৰ দৰে আদেশ পালন কৰি ভাতৰ পাতত বহিল আৰু ভাত খাবলৈ ধৰিলে । এতিয়াহে যেন ভোকটোৱে তাক আমনি কৰাৰ কথাটো ভালকৈ উপলব্ধি কৰিলে । দুগৰাহ মান খোৱাৰ পাছতে হঠাৎ কিবা মনত পৰাৰ দৰে কʼলে সি ,"তোলৈ ভাত ? তইয়ো খা আকৌ ।ʼʼ "হ'ব । তোৰ যে আকৌ মনত পৰিল । খাম বাৰু । তই খাই ল ।ʼʼ তাই কʼলে । মাকৰ একান্ত বাধ্য লʼৰাৰ দৰে সি ভাত খাবলৈ ধৰিলে । ভাত কেইটা খাই অতোঁৱাৰ লগে লগে যেন পৃথিৱীৰ সমস্ত ভাগৰে তাক আৱৰি ধৰিলেহি । চাদা এপালি মুখত ভৰাই বিছনা খনতে অকণমান দীঘল দিলে । চিৰ মিল টোপনি এজাকে তাক আমনি কৰা যেন লাগিল ।
         হঠাৎ কোমল হাতৰ পৰশ এটাত তাৰ তন্দাৰ আৱেশ কাটি গʼল । তাৰ কাষতে বহি মৰমেৰে চুলি বোৰত আঙুলি বুলাই দিছিল স্বপ্নাই । লাহে লাহে পৰম প্ৰশান্তিৰে মূৰটো গুজি দিছিল তাৰ বহল বুকুত । গভীৰ আৱেগেৰে বুকুৰ মাজত তাইক আকোঁৱালি লʼলে মোহনে । 
         প্ৰশান্তিৰে কৈ গʼল , "মোহন ককাইদেউ , টাউনৰ কলেজ এখনত খালি হৈ থকা পদ এটাৰ বাবে প্ৰাৰ্থী হৈ আৱেদন কৰিছিলো । পৰহিলৈ সাক্ষাৎকাৰ অনুষ্ঠিত হʼব । গতিকে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ বাবে যাম । কথাটো তোক কৈ যাবলৈকে আহিছিলো । এই,পি.এচ,চি টোও পাছ কৰি থৈছো এতিয়া পাব লাগে দেখোন পদটো । অন্ততঃ তোৰ আৰু মোৰ ভৱিষ্যতৰ বাবে চাকৰি এটাৰ বৰ প্ৰয়োজন । ʼʼ 
          "স্বপ্না, তই বাৰু এইবোৰ কি কৰিব খুজিছ ? এবাৰলৈ ভাবি চা চোন তই যদি মোক বিয়া কৰাৱ মোৰ বাৰু অৱস্থাটো কি হʼব ? তই হʼবি কলেজৰ লেকচাৰাৰ আৰু মই...........ʼʼ সি হাঁহাকাৰ কৰিলে । তাৰ মুখতে ধৰি তাই আকৌ ক'লে "তোৰ পুৰণি বেমাৰটোৱে আকৌ উক্ত দিলে নহয় ? তই এটা কথা জানি থবি মোহন ককাইদেউ , তোৰ আঙুলিৰ সেন্দুৰ মোৰ জীৱন বন্তিৰ শদিয়া । তোৰ অনামিকাৰে দিয়া সেন্দুৰ শিৰত নিপিন্ধালৈকে ,হয়তো মোৰ মৃত্যুও নহʼব ।ʼʼ সেমেকি উঠিছিল তাইৰ মাত । মোহনে অনুভৱ কৰিলে তাইৰ চকুৰ পৰা বাগৰি অহা দুটোপাল মান চকুলো তাৰ বুকুৱেদি তললৈ বাগৰি গৈছে । সিও আৰু একো কʼব নোৱাৰিলে । গভীৰ আৱেগেৰে তাইক সাবটি ধৰিলে । দুপৰীয়াৰ বতাহবোৰে লাহে লাহে উষ্ণ কৰি তুলিলে । ঘন উশাহ বোৰ  এসময়ত একাকাৰ হৈ দুপৰীয়াটোক মায়াবী কৰি পেলালে ।
     হঠাৎ পাছ চোতালৰ কঁঠাল জোপাত কৰ্কশ ভাৱে ৰমলিউৱা কাউৰীজনীৰ মাতত সিহঁত বাস্তৱ জগতলৈ ঘূৰি আহিল ।

আগলৈ...


পৃষ্ঠা ১০

অভিশ্ৰুতি

চয়নিকা বৰুৱা

খণ্ড ৮

এদিন দুদিনকৈ দিন বাগৰিছে বুধবাৰৰ দিনতো ওচৰ চাপিছে। এনে লাগিছে যে সময়ৰ টিকনিডাল বেছিয়েই খৰকৈ দৌৰিছে। আজি সোমবাৰ। মোৰ আইতাও পেহীৰ ঘৰৰ পৰা আহিছে। মামীও আহিছে আমাৰ ঘৰত থকাকে।মাহীহঁত আজি নাহে হেনো কাইলৈ আহিব কিন্তু থকাকে নহয় দিন দিয়াকেহে আহিব। আইতাৰ মনতো আনন্দেৰে ভৰি পৰিছে আৰু বাৰে বাৰে মোক কৈ আছে আইমানুজনীৰ বিয়াখন চাবলে পাম। আইতাই মোক আইমানু বুলি মাতে আৰু এই নামেৰে যদি মোক আন কোনোবাই মাতে আইতাৰ মুখ খন বেলুনটোৰ দৰে ফুলি যায়।মোৰ ঘৰৰ সকলোৰে মনত আনন্দ। তেনেস্থলত মই বাৰু কেনেকৈ সকলোৰে মনতো সেমেকাই পেলাওঁঁ ? কিদৰে কওঁনো মই যে এই বিয়াখনত বহিবলৈ মোৰ একেবাৰে মন নাই। কি বুলি জনাম সকলোকে মোৰ মনে অভিক বিচাৰে ?বিছনাত বাগৰি বাগৰি এইবোৰ কথা ভাবি থাকোতেই সন্ধিয়া লাগিবই হ'ল। যেনে তেনে মনতোক বুজাই বিছনাৰ পৰা উঠিছোঁ হে এনেতে
ক্ৰিং......ক্ৰিং.....কৈ ফোনতো বাজি উঠিল।কোননো বুলি ফোনতো চাইছো দাদাৰ ফোন।  অলপ সময় ফোনতো বজাৰ পাছত মই ৰিচিভ কৰিলো। ৰিচিভ কৰাৰ লগে লগে ভাহি আহিল এটি মিঠা গহীন মাত।
•Hello.....
•Hmmmm
•কি কৰিছা ?
•এনে আছো।
•কিয় মোৰ কথা ভবা নাই নি ?
•হা.........
•কি হ'ল ? মুখ খন চাগে মেলিয়ে থাকিলা যে।
•নাই।
•নুশুধা মই দাদাৰ ফোনৰ পৰা তোমালৈ কিয় call কৰিলো ?
•উহোঁঁ....
•কিয়.....
•.......
•আচ্ছা নালাগে ক'ব। মোক এটা কথা সঁচাকে কোৱা। তুমি বাৰু কাৰোবাক ভাল পোৱা নি ?
•উহোঁঁ........
•hmmmm
•কিয় সুধিলে ?
•নাই এনেই।
•অহ্.....
•শ্ৰুতি, তোমাক বহুত দিনৰ পৰা কথা এটা ক'বলে আছিল । কিন্তু মোৰ সাহস হোৱা নাছিল। পিছে আজি ক'ব বিচাৰো। মই তোমাক...
মোৰ মনত কিবা কিবি অনুভৱ জাগি উঠিছে। তেওঁ কি ক'ব বিচাৰিছে মই গম পাইছো। কিন্তু মোৰ হ'লে শুনিবলে সাহস হোৱা নাই। তথাপিও তেওঁক কথাখিনি ক'বলে দিবলে বাধা দিবও মন যোৱা নাই। শুনিব মন গৈছে তেওঁৰ মনৰ অনুভৱ
•hello. শুনিছা নে ?
•উম...
•মই তোমাক...ভা..
টুত টুত....
ফোনতো কাটি দিলো। কাৰণ মা আহি দৰজাখনৰ ওচৰত ৰৈ আছেহি ভয় লাগিছে মায়ে কেনেবাকে শুনা পালে নি কথাবোৰ
•মাজনী। কোনে ফোন কৰিছিল নো ?
•দাদায়ে....
•অহ‌্ হ'ব আহাঁঁ এতিয়া। প্ৰাৰ্থনা কৰিব হ'ল
•থিক আছে মা। মই ভৰি হাত কেইতা ধুই লওঁ।
আমাৰ ঘৰত আকৌ এটি পুৰণি নিয়ম এতিয়াও চলি আহিছে। সন্ধিয়া ঘৰত থকা সকলোৱেই একেলগে প্ৰাৰ্থনা কৰাতো। এই নিয়ম মোৰ আজু ককায়ে বান্ধিথৈ যোৱা। যিটো আমি ঘৰত থকা সকলোৱে আজিলৈকে পালন কৰি আহিছো আৰু আগলৈও পালন কৰি থাকিম।
•আইজো। গামোচা এখন লৈ আহিবাচোন।
ভন্টিয়ে আনি দিয়া গামোচাখন কান্ধত লৈ মায়ে বন্তিগজ জ্বলালে। তাৰ পাছত আইতাই প্ৰাৰ্থনা এটি জুৰিলে। লগে ভাগে আমিও আইতাক সহযোগ কৰিলো। প্ৰাৰ্থনা কৰি হোৱাৰ পাছত সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। আইতাই ভন্টিক আইতাহঁতৰ সৰু কালৰ কথাবোৰ কৈ আছে। মায়ে মামীয়ে পাকঘৰত ভাতৰ যোগাৰ কৰিছে আৰু কিবা কিবি কথা পাতি আছে। দেউতাইও আলোচনী এখন পঢ়ি আছে। কিন্তু মই.......
     মই একো কামতে মন বহাব পৰা নাই। মনলে কেৱল এটা চিন্তাই আহি আছে। তেওঁবাৰু এতিয়া কি কৰি আছে ? ভালদৰে খোৱা-বোৱা কৰিছেনে ? এনে ধৰণৰ সৰু সৰু কথায়ে মোৰ মনতো বেৰি ধৰিছে। সেইবোৰ কথাকে চিন্তা কৰি কৰি শুৱাৰুম পালোগৈ। গৈয়ে চিধা ফোনতো চাইছো ১৫ টা misscall। তাৰে দুটা দাদাৰ ফোনৰ পৰা অহা আৰু বাকী ১৩ টা অভিৰ ফোনৰ পৰা মনতোক বান্ধি ৰাখিব নোৱাৰি মই call back কৰিলো।
•Hello...
•আপুনি ফোন কৰিছিলে ?
•নাই মই নাই কৰা নহয়। মোৰ ভূতেহে কৰিছিল।
কথাতো অলপ খঙত ক'লে। কিন্তু কিয় ?
•.........
•ক'ত আছিলা ইমান সময়ে আৰু মোৰ ফোনতো অথনি কিয় কাটি দিলা miss...
•মা আহিছিল কাৰণে।
•কাইলৈ মই তোমাক লগ পাব বিচাৰো
কিয় লগ পাব বিচাৰিছে তেওঁ ? কিয় ? ঘৰত মই কি বুলি কৈ যাম আৰু মইনো তেওঁক কি বুলি লগ কৰিম ? মই তেওঁৰ হয় কোন ? কিন্তু...
•কি হ'ল...miss ?
•কিয় লগ পাব বিচাৰিছে মোক ?
•তোমাৰ লগত কথা আছে।
•যি কথা আছে ফোনতে কওক। মই বেয়া নাপাওঁঁ।
•ফোনত ক'ব নোৱাৰি।
•কিয় ?
•ইমান প্ৰশ্ন কৰিছা যে মন নাই যদি নালাগে আহিব। bye.
খঙতে ফোনতো কাটি দিলে। মইয়ো ফোন নকৰিলো। ফোনতো বিছনাতে থৈ মা হঁতক অলপ সহায় কৰিবলৈ পাকঘৰলৈ গ'লো। মাহঁতক সহায় কৰি দি ৰাতিৰ ভাতসাজ খাই শুবলৈ ল'লো। আজি মোৰ লগত আইতা শুব।আনকালে মই অকলেই শুওঁ। আইতাৰ লগত শুবলৈ লৈ আইতাৰ পৰা সাধু শুনি শুনি কেতিয়ানো টোপনি গ'লো গমেই নাপালো।ৰাতিপুৱা শুই উঠি মুখ ধুই, গা-ধুই পুৱাৰ গাখীৰ গিলাচ খালো। মই চাহ নাখাওঁঁ। চাহ খাই ইমান ভাল নাপাওঁঁ। গাখীৰ গিলাচ খাই ভিতৰলে আহি ফোনতো অলপ চাৰ্জ দিবলে লৈ দেখিলো, তেওঁৰ ২ টা মেছেজ। মেছেজ দুটাত লিখা আছে
1. Hey, miss......kali khongote phone tu kati dilu। plz beya napaba....
2. Aji moi tumale wait krim। tumi kintu ahiba। tumalokr bor gos jupar usorole। nahile bohut beya pam।
মেছেজ দুটা পঢ়িলো। কিন্তু মই ঘৰত কি বুলি কৈ তেওঁক লগ কৰিম আৰু কোনোবাই দেখিলে বাৰু কি বুলি ভাবিব ? 
•মাজনী, ৰুটি খোৱাহি।
•গৈছো মা।
মাৰ মাতষাৰ শুনি মই পাকঘৰলৈ গ'লো। ৰুটি খাই মই ভিতৰ ৰোমলে আহিলো। আৰু ভাবি আছো তেওঁক আজি কেনেকে লগ কৰিম গৈ ? নাই একো ভাবি পোৱা নাই। এই চিন্তাত মোৰ একো কামো হোৱা নাই আজি। দুপৰীয়া ভাতসাজ খায় কাহী-বাতি কেইটা ধুই ভিতৰলৈ আহিছো হে আচৰিত
•আপুনি ?

আগলৈ.....


পৃষ্ঠা ১১

পথভ্ৰষ্ট ডিম্বাণু


বাস্তৱ বৰা

অন্তিমখণ্ড
দেউতাকৰ পৰা পোৱা মৰমবোৰৰ মাজত তাই মাকৰ কথা পাহৰিছিল, কিন্তু দেউতাক চন্দ্ৰই তাইক নিৰাপদ আশ্ৰয় দিব পৰা নাছিল ৷ সমাজ স্বীকৃত বাজী মানুহ এজনী সন্তান সম্ভৱা হোৱা ঘটনাই বহুতক স্তম্ভিত কৰিছিল ৷ বহুতে কৈছিল এয়া শৰাইৰ মহিমা ৷ বহুতে কৈছিল এয়া বেলেগ অংক ৷ আপুনি মইও পাতিছিলো  বহুত ৷ মনত আছে চাগে ?  তেতিয়া কিন্তু চন্দ্ৰ সম্পূৰ্ণ নিমাত আছিল ৷  নিমাত আছিল ৰোহিণী, কিন্ত তাইৰ মুখত প্ৰতি মূহূৰ্তত ফুটি উঠিছিল পশ্চিম সীমান্তৰ যুদ্ধ জয়ৰ যেন অনাবিল আনন্দৰ ভাৱৰেখা ৷ নিজৰ ওচৰত তাই জয়ী ৷ তাই বুজাই দিছিল যে তাই বাজী নহয়, তাইৰ গৰ্ভ শুকান নহয় ৷ ৰোহিণীৰ মৃত্যুৰ পিচত বহু গুজৱ ওলাইছিল ৷ ধাইমাকে প্ৰায়েই কৈছিল -'মল্লি মামন, তুমি ৰোহিণী আইদেউৰ নিচিনা ,দেউতাৰ চিন তোমাৰ গাত একেবাৰে নাই ৷' -তাই ভাবিছিল তাইৰ মাকৰ কথা ৷ বহুতে কয় তাই বোলে বেলেগ গঢ়ৰ  ৷ নিজকে তাইও প্ৰশ্ন কৰে 'কাৰ চেহেৰাৰ দৰে তাই ?  মাকগঢ়ী ছোৱালী বেয়া ? 'তাই মানুহৰ মুখে দেউতাকৰ আগৰ ৰূপটোৰ কথা শুনে, এতিয়াৰ লগত  মিলাই তাই আকাশ-পাতাল প্ৰভেদ দেখে ৷ ইন্দ্ৰৰ লগত সিহঁতৰ ঘৰখনৰ ওচৰ সম্পৰ্কৰ কথাও মনত পৰেনে ?  তাৰ পৰা আমাৰ কি লাভ হৈছিল মনত পৰিছেনে ? তাৰ দুদিনৰ পাছতে জানো আপোনাৰ নিজৰ ছোৱালীজনী তিনিমাহৰ অন্ত:সত্বা হৈ প্ৰেমিকৰ লগত পলাই যোৱা নাছিল ?  ঠিক দিনচেৰেকৰ পাছতে  মোৰ সুন্দৰী পত্নীজনীয়েও মোক এৰি গুচি গৈছিল ৷ নিজৰ বোৱাৰীয়েকৰ লগতে জানো হৰিচন্দ্ৰৰ বদনাম ওলোৱা নাছিল ? যিখন মুখেৰে আমি মল্লিকাৰ কাণত বিষ বৰষিবলৈ যত্ন কৰিছিলোঁ সেই মুখকিখেইচোন পৰৱৰ্তী সময়ত বন্ধ হৈ গৈছিল ৷
এইবোৰ কথা মল্লিকাই ইন্দ্ৰক সুধে ৷ সি নিমাতে থাকে, কিন্তু আজি তাই ইন্দ্ৰক যিটো কথা সুধিলে সেয়াই তাক পলাবলৈ বাধ্য কৰিছে ৷ তাৰ মানসিকতাক ঘটালি পেলাব পৰা এটা প্ৰশ্ন ৷ সি স্তম্ভিত ৷
'আইমানু, মোক ৰোহিণীৰ সম্পৰ্কত একো নুসুধিবা ৷ তাই  তোমাৰ মাৰা আৰু চন্দ্ৰ তোমাৰ দে-উ-তা-ৰা ৷' কথাখিনি কৈ তৎক্ষণাত সি বাহিৰৰ ফালে গুচি গ'ল ৷ বাহিৰত আবতৰীয়া বৰষুণ ৷ তাই পিন্ধি থকা ফ্ৰকটো তিতিলে ৷ ভিতৰৰ পৰা বিতৃষ্ণাৰ ভাব এটা উজাই আহিল ৷ মুখলৈকে অহা থু খিনি পেলাবলৈ পিছফালৰ পিৰালিলৈ আহি তাই দেখেহি পিৰালিৰ শুকাণ জেওৰাখৰিখিনিত খোলাধাৰী শামুকৰ বীজ এথোপা ৷ এইবাৰ তাইৰ অতিপাত ঘিণ লাগিল ৷ তাই এতিয়া মূৰ গা তিয়াই গা ধুব ৷ হয়তো ইমানখিনি লেতেৰা দেখাৰ পাচতেই মানুহে দ্বিতীয়বাৰৰ কাৰণে গা ধুৱে ৷ পানীৰ শীতলতাখিনিয়ে  মল্লিকাক বাৰে বাৰে সোঁৱৰাই থাকিল কিছু ৰহস্যৰ যেন তাই উমান নাপালে ৷ কাকতি ছাৰে কিয় ক'লে -' একমাত্ৰ কেৱল মাতৃয়েহে জানে যে, সেই সন্তানৰ প্ৰকৃত পিতৃ কোন? '

সমাপ্ত


পৃষ্ঠা ১২

অণুগল্পঃ

পৰশ্ৰীকাতৰ

মই বাটেৰে গৈ থাকোঁতে বহুতে লুকাই লুকাই মোলৈ শিলগুটি দলিয়ায়। সেইবোৰ মই বুটলি আনি সযতনে গোটাইছোঁ। এদিন সেইবোৰেৰে মোৰ দীঘলীয়া পদূলিটো গঢ়িম। তেতিয়া মই বোকাৰ পৰা মুক্ত হ'ম।

হেমা চৌধুৰী গগৈ

তেজৰ সাহস

আজোককাক আদিৰাম , ককাক পীতাম্বৰৰ তেজত জমিদাৰীৰ সাহস আছিল ৷ সেইসূত্ৰে তেওঁলোক সেই যুগৰ মানুহৰ সমীহ আৰু শ্ৰদ্ধাৰ পাত্ৰ আছিল ৷ তেনেদৰে বাপেক সঞ্জয়ৰ তেজত থকা সাহসেৰে সমাজসেৱাত ব্ৰতী ৰৈছিল ৷ আৰু সঞ্জয়ো মানুহবোৰৰ প্ৰিয়পাত্ৰ হৈছিল ৷ 
অথচ বংশানুক্ৰমে পোৱা এনে তেজৰ সাহস ভাল কামত খটোৱা নাছিল মিন্টুৱে ৷ সঘনে গুণ্ডাগিৰিত লিপ্ত হোৱাৰ কাৰণে আদিৰামৰ আজোনাতি ,পীতাম্বৰৰ নাতি আৰ সঞ্জয়ৰ পুতেক মিন্টু আজি সেয়ে জেল হাজোতত ।

জেপোলিন ৰাজকুমাৰী

অব্যক্ত বেদনা

হঠাৎ "অ' সোণ" বুলি  মতা মাতষাৰত জিতা উচপ খাই উঠিল। কোনে মাতিলে তাইক ? কিমান দিন যে হ'ল নুশুনা মাক- দেউতাকে তাইক মৰমত মতা মাতষাৰ ! ইফালে- সিফালে ঘূৰি চাই দেখিলে নতুনকৈ অহা কাষৰ ঘৰৰ মানুহজনে জীয়েকক মাতিছে । হয়, মাক -দেউতাকৰ বাবে প্ৰতিজনী ছোৱালীয়েই সোণজনী, যিদৰে তাইও আছিল ! মাক- দেউতাকৰ মৰমৰ সোণ এতিয়া যে পতিৰ মতে কুলক্ষণী পত্নী । 
এক অজান দুখত এটা গভীৰ হুমুনিয়াহ ওলাই অহা জিতাই দূৰৈৰ আকাশলৈ চাই পঠিয়ালে। সন্ধিয়াৰ ফৰকাল আকাশৰ উজ্জ্বল তৰা দুটিয়ে যেন কাণে -কাণে ক'লে " দুখ নকৰিবা , তুমি আজিও আমাৰ মৰমৰ সোণজনী "।

তুলুমণি বৰুৱা
ইটানগৰ, অৰুণাচল প্ৰদেশ


পৃষ্ঠা ১৩

এক মিনিটৰ গল্পঃ

ভালপোৱাৰ অপমৃত্যু

      পৰীক চাবলে ল'ৰা আহিব । গোটেই ঘৰখনত উৎসৱমুখৰ পৰিবেশ এটা হৈ আছে । নহ'বনো কিয় ? গুৱাহটীৰ অভিজাত পৰিয়ালৰ ল'ৰা । ল'ৰাই ডাঙৰ চাকৰি কৰে । পৰী সুখত থাকিব পাৰিব ।
      ককায়েকে পুৱাই সকলো বজাৰ কৰি লৈ আহিল । মাক দেউতাকো বহুত উচ্চাসিত হৈ আছে । বৌয়েক সৃষ্টি য়ে আলেঙে আলেঙে সকলো চাই আছে । সৃষ্টিয়ে হঠাতে কৈ উঠিল। 
: নাই পৰিয়ালটোক মানা কৰি দিব লাগে । তেওঁলোক আহিব নালাগে । পৰীক সেইখন ঘৰলৈ বিয়া নিদিওঁ ।  বহুত দূৰ । ল'ৰাজনকো আমি ভালকৈ নাজানো। সৃষ্টিৰ কথা শুনি গিৰিয়েক নিখিলৰ খং উঠিল । তেওঁ খঙেৰে ক'লে
: পাগল হৈছা নেকি তুমি ? ভণ্টিৰ বাবে ৰাকেশ বহুত ভাল ল'ৰা । ডাঙৰ চাকৰি কৰে । তাইক বহুত সুখত ৰাখিব ।
এইবাৰ শাহুয়েকেও মুখ খুলিলে -
:কি হ'ল বোৱাৰী ? তুমি পৰীৰ বাবে  ঈৰ্ষান্বিত হোৱা নাইতো ? নহ'লে বৌয়েকজনী হৈ সম্বন্ধটো ভাঙিব চেষ্টা কৰিছা কিয় ?
সৃষ্টিয়ে একো নেমাতি দৌৰি বেডৰূমলৈ সোমাই গ'ল । দুৱাৰ খন বন্ধ কৰি চকু যুৰি মুদি দিলে তাই । চকুৰে বৈ আহিল দুধাৰি লোতক। সকলোৰে গালি, তিৰস্কাৰত কৈ পৰীৰ বুকুৰ বেদনাখিনিয়ে যে  তাইক বেছি কষ্ট দিছে ।কাৰণ তাই জানে । পৰী সুখী নহয় তাত। কেনেকৈ সুখী হ'ব স্কুলীয়া জীৱনৰ পৰায়ে ভালপোৱা মৃণালক এৰি ।
কাকো একো ক'ব নোৱাৰিলেও পৰীৰ বুকুৰ যন্ত্ৰণা খিনি সৃষ্টিয়ে নিজৰ বুকুত অনুভৱ কৰিব পাৰিছে । কাৰণ তাইও পাৰ কৰিছে এই যন্ত্ৰণা। আঠ বছৰৰ প্ৰেমক তাইওতো এদিন বিসৰ্জন দিব লগা হৈছিল পৰিয়ালৰ কথা ভাবি । সৃষ্টিক হৃদয় ভৰি ভালপোৱা ,তাইক বুজা অনুজৰ বাবে তাইৰ হিয়াই আজিও কান্দে । আৰু তাই নিবিচাৰে তাইৰ ননদ পৰীও কান্দক এনেকৈ । সৃষ্টিয়ে সিদ্ধান্ত ল'লে পৰী আৰু মৃণালৰ সঁচা ভালপোৱাৰ অপমৃত্যু হ'বলৈ নিদিয়ে তাই ।তাই হেঙাৰ হৈ থিয় দিব এই বিবাহৰ বিৰুদ্ধে  ।

প্ৰীতি ৰেখা দাস
বাংগালোৰ


পৃষ্ঠা ১৪

মনৰ বেদনা 

জানুৱাৰী মাহৰ ১২ তাৰিখ। তাৰিখটো মনত পৰাত মনটো বৰ ভাল লাগি গ'ল। প্ৰতিটো বছৰতেই তাই এই তাৰিখটো মনত ৰাখে কাৰণ এই ১২ জানুৱাৰীত তাইৰ স্বামীৰ জন্ম দিন। প্ৰতিটো শুভ দিনত তাইৰ স্বামীয়ে কিবা ভাল বস্তু দিয়ে। এইবাৰ তাইও মনে মনে ভাবিলে তাইও কিবা চাৰপ্ৰাইজ দিব। নিজৰ উপাজনৰ টকাৰে মানুহজনক উপহাৰ এটা দিবলৈ পালে ভাল লাগিব। গতিকে তাই মাস্ক চিলালে সেইবোৰ বিক্ৰী কৰি অলপ টকা গোটালে। তাই হাতৰ বিদ্যা আছিল। তাই মাক্সবোৰ দোকানত দিবলৈ যাওঁতে, মহিলা দুকানীজনীয়ে চাদৰৰ দহী বান্ধিব জানা বুলি শুধিলে। তাই জানো বুলি কোৱাত চাৰিখন চাদৰ দহী বান্ধিবলৈ দিলে। তাই খুব ধুম - ধামেৰে দুদিনত দহী বান্ধি শেষ কৰিলে। তাই হঠাৎ বহুত টকা জমা হ'ল। এই কষ্ট কৰাৰ টকাৰে ৰেখাই স্বামীদেৱলৈ এটা ধুনীয়া দামী টি-চাৰ্ট  কিনি আনি লুকুৱাই ৰাখিলে। 
বাৰ তাৰিখ পালেহি। অফিচ যাবলৈ ওলাইছে। তেতিয়া তাই বৰ আনন্দ মনে চাৰ্টটো দি কলে এয়া আপোনাৰ জন্ম দিনৰ উপহাৰ ।
       
        কি আচৰিত চাৰ্টটো পছন্দ  নহ'ল বুলি ক'লে আৰু এবাৰো চুইয়ে নেচালে। তাই শিল পৰা কপৌ দৰে হ'ল আৰু মনত বৰ দুখ পালে। তাই ভাবিলে আৰু কেতিয়াও উপহাৰ নিদিয়ে স্বামী দেৱতাক। অজানিতে তাইৰ দুচকুৰছ দুধাৰী চকুলো বাগৰী গ'ল । 

জিমি চেতিয়া 
ৰামনগৰ, ডিগবৈ 


পৃষ্ঠা ১৫

অনুবাদ কবিতা ঃ

জীৱনৰ গান

অনুবাদঃ প্ৰাণকৃষ্ণ গোস্বামী
(মূল:স্ব-ৰচিত Song of life)

পুৱাৰ নিজান মসৃণ পথ,
বতাহত বনফুলৰ সুবাস,
নিয়ৰ সৰা স্নিগ্ধতাৰ আৱেশত
আগবাঢ়ে দ্বিধাহীন সৰল জীৱন ৷

সময়ৰ অগ্ৰগতি, দুপৰৰ বেলিৰ উত্তাপ,
দেখোঁ, চৌদিশে মাথোঁ ৰঙৰ সমাহাৰ,
শুনো, আশা-আনন্দ আৰু জীৱন গান ৷

থমকি নৰয় পক্ষীৰাজ ঘোঁৰাৰ গতি,
বেলি লহিয়াই, দীঘল হয় ছাঁ,
সেউজী পাতে ৰং সলাই হয় অধোমুখী
শেঁতা হালধীয়াই আৱৰে আকাশ ৷

লাহে লাহে নামি আহে পাতল এন্ধাৰ
ভৰিৰ তলত গছ-বনৰ শুকান সৰাপাত
খচ-মচনিত চঁক খাই বিচাৰোঁ নিজৰ ছাঁ
নাই নেদেখোঁ, সিও দিলে লগ এৰা ৷

বাটৰ কাষত দেখিলোঁ এটা মাইলৰ খুঁটি
তিনিকুৰি পোন্ধৰ লিখা আছে তাত,
পাৰ হৈ সমুখলৈ চালোঁ, গাঢ় এন্ধাৰে ভৰা বাট
ক্লান্ত খোজেৰে আগবাঢ়িলোঁ সেই বাটেৰেই-
ডিঙি ঘূৰাই পিচলৈ চালোঁ, কাষত এন্ধাৰ,
দূৰৈত দেখিলোঁ সূৰুযৰ এচেৰেঙা সোণালী আভা,
বুজি পালোঁ-
নতুনৰ আগমনত জিলিকিছে ধৰা ৷

(আজি জীৱনৰ তিনিকুৰি পোন্ধৰ বছৰ সমাপ্তিত আমাৰ বায়ুসেনাৰ সহপাঠী গ্ৰুপত দিবৰ বাবে লিখা ইংৰাজী পংক্তি কেইটিমানৰ অসমীয়া অনুবাদ)


কাহিলিপাৰা,গুৱাহাটী
মো:+৯১ ৭০০২৪০৯৬৫৫


SONG OF LIFE

Morning's quiet and smooth road
Scent of wild flowers filling the air
Unctuous environ with dew-dropped earth
Life keeps moving without any fuss.

Time advances,sun's heat overhead 
Crossin the thorny roads in-front
Seen a colourful world arround
Hear,songs of life,hope and joy.

King-Bird te Time does n't stop a moment,
Shadows become longer as sun rays slant,
Changin it's colour from green,leaves look down
Pale yellow spreads all over the sky.

Slowly abd quietly darkness arrives,
Feel breaking of dry leaves under my feet,
Awaken by its sound, I look for my shadow,
No, don't see him,at last he also had to go.

Could see a mile post by the road side,
Inscrpted  there in the number 'seventy five',
Crossing it looked ahead,the road very dark
With tiring steps,kept on my forward walk.
Turning my head looked back,nearby darkness
At far away seen a bright Golden sunrays.
Understood-
The new arrivals brightening the earth.


পৃষ্ঠা ১৬

Tips for life
           By....Raja Martin Allahabad

অসমীয়া ভাবানুবাদ

জীৱন সূত্ৰ

ভগৱানৰ দ্বাৰা মানৱলৈ প্ৰেৰিত জীৱন এক মহাৰ্য দান।
সেয়ে সাধাৰণ জীৱৰ প্ৰতি নিৰ্মম নহ'বা
মাথোঁঁ দয়ালু হ'বা, নম্ৰ হ'বা।
পৰম পিতাই সকলোকে ভালপোৱাৰ দৰেই;
তোমাৰ শত্ৰুগণক ক্ষমা কৰা, মৰম কৰা,
প্ৰতিবাৰ উজুটি খাই ভূপতিত হোৱাৰ পাছতো,
তেঁঁৱেই সহায় কৰে আমাক থিয় হ'বলৈ,
পুনৰবাৰ বাট বুলিবলৈ।
তোমাৰ জীৱন বাটতত ঘটনা ক্ৰমে হোৱা প্ৰতিটো যাতনা-দুখ-শোকতো হাঁহি থাকা,
অসফলতা-দুখ-যাতনা বোৰৰ মাজতো,
জীৱনত সদায় শুভদৰ্শী হোৱা।
সৰগীয় পিতাৰ প্ৰতি পূৰ্ণ বিশ্বাস ৰাখা। 
কুকুৰৰ ভুকভুকনি বোৰৰ 
মাজত সৃষ্ট চয়তানৰ চিন্তা পৰিহাৰ কৰা।


শ্ৰী তৰুণ চন্দ্ৰ নাথ
শিৱসাগৰ।


পৃষ্ঠা ১৭

কোনেও কথা ৰখা নাই

মূল বাংলাঃ  সুনীল গঙ্গোপাধ্যায়
অনুবাদ-বাসুদেব দাস

কোনেও কথা ৰখা নাই, তেত্রিশ বছৰ কটালো, কোনেও কথা ৰখা নাই
ল'ৰালিকালত এজনী বৈষ্ণৱী তেওঁঁৰ আগমনী গান হঠাৎ থমাই কৈছিল
শুক্লা দ্বাদশীৰ দিনা অন্তৰাখিনি শোনাই যাব
তাৰপাছত কিমান চন্দ্রভুক অমাৱস্যা গুচি গ'ল কিন্তু সেই বৈষ্ণৱী
আৰু নাহিল
পঁচিশ বছৰ ধৰি বাট চাই আছো

মোমায়েকৰ ঘৰৰ নাওৰীয়া নাদেৰ আলিয়ে কৈছিল, ডাঙৰ হোৱা বাপঠাকুৰ
তোমাক মই তিন প্রহৰৰ বিল দেখুৱাবলৈ লৈ যাম
য’ত পদ্মমফুলৰ মূৰত সাপ আৰু ভ্রমৰে
খেলা কৰে।

নাদেৰ আলি, মই আৰু কিমান ডাঙৰ হ'ম ?মোৰ মূৰ এই ঘৰৰ মূধচ
ভেদ কৰি আকাশ স্পর্শ কৰিলে তাৰপাছত তুমি মোক
তিন প্রহৰৰ বিল দেখুৱাবা ?

এটাও ৰয়্যালগুলি কিনিব পৰা নাই কেতিয়াও
লাঠি-লজেন্স দেখুৱাই দেখুৱাই চুহিছে লস্কৰ ঘৰৰ ল'ৰাহঁত
ভিক্ষাৰীৰ নিছিনাকৈ চৌধুৰীৰ গেটত থিয় হৈ চাইছো
ভিতৰত ৰাস উৎসৱ
অবিৰল ৰঙৰ ধাৰাৰ মাজত সুৱর্ণ কঙ্কন পিন্ধা বগা তিৰোতাহঁত
কিমান আমোদত হাঁহিছে
মোৰ ফালে উভতি চোৱা নাই !

দেউতাই মোৰ কান্ধ চুই কৈছিল , চাবি এদিন আমিও…
দেউতা এতিয়া অন্ধ, আমাৰ একো চোৱা হোৱা নাই
সেই ৰয়্যাল গুলি, সেই লাঠি লজেন্স, সেই ৰাস উৎসৱ
মোক কোনেও উভতাই নিদিয়ে !

বুকুৰ মাজত সুগন্ধি ৰুমাল ৰাখি বৰুণাই কৈছিল,
যিদিনা মোক সঁচাকৈ ভাল পাবা
সিদিনা মোৰ বুকুৰ পৰাও আতৰৰ গন্ধ ওলাব।

ভালপোৱাৰ বাবে মই হাতৰ মুঠিত প্রাণ লৈছো
দুৰন্ত ষাঁড়ৰ চকুত বান্ধিছোঁ ৰঙা কাপোৰ
গোটেই পৃথিবী বিচাৰি আনিছোঁ ১০৮ খন নীলা পদুম
তেতিয়াও কথা ৰখা নাই  
বৰুণা এতিয়া তেওঁঁৰ বুকুত অকলে মাংসৰ গোন্ধ
এতিয়াও তাই যি কোনো এজনী নাৰী!

কোনেও কথা ৰখা নাই, তেত্রিশ বছৰ কটালো, কোনেও কথা ৰখা নাই !


পৃষ্ঠা ১৮

একটি শিশুর জন্মলগ্নে

অনুবাদঃ বকুল ৰয়

অত্যন্ত আদরে‍‍‍ পুষ্টি দিয়ে
তিল তিল করে‌‍ গঢ় দিলাম
একটি নিশ্চুপ কবিতার
রং তুলিকা দিয়ে কুন্দান
রক্ত মাংসের অপূৰ্ব সংমিশ্ৰন ঘটিয়ে
আমার কোলে  সমৰ্পিত হলো এক কোলা সুখ...

স্তন বটবৃক্ষের জ্ঞান সুধা পাণ করা‍য়ে
বৰ্ণাঢ্য স্তবক গেয়েছিলাম
অবগাহন করে‌‍ছিলাম মানবতার মন্ত্ৰ দিয়ে
ক্ষুধায় খাইয়েছিলাম জ্ঞান মালিনীর ফল

এই আশা আমার কখনো ছিল না
অতীতকে আমি রো‍মন্থন করবো
বৃদ্ধাশ্ৰমের হৃদয়ের সঙ্গীর সাথে
হাতে যোগ - বিয়োগ করবো কয়েকটি টাকার
অন্তরা‍ত্মায় একপালি ওষুধের লুকোচুরি‍
বয়স্ক মহিলা টিকে জিজ্ঞেস করলাম

কে আছে আপনার ? 
অশ্ৰুসিক্ত নয়ন, গভীর কন্ঠ স্বরে‌‍...
" ছিল, কিন্তু এখন নেই, থাকে সে অনেক দূরে‌‍
খবর ও পাইনি অনেক দিন"

অস্থি চৰ্ম সার দেহ
গৰ্তযুক্ত দুচোখের বয়োবৃদ্ধের
সেই একেই প্ৰশ্নের একেই উত্তর

ওরা‍ দুজনেই পাঞ্জাবে থাকে
এই মাসেই অগ্ৰিম পেনশন  পাব বলে শুনেছি
ওরা‍ কি জানি বাড়ী ফিরে‌‍ আসবে ...।।

এটি শিশুৰ জন্মলগ্নত

মূল অসমীয়াঃ ৰেখা বৰকটকী
যোৰহাট ভ্ৰাম্য- ৯৭০৬২২১০১১

সুন্দৰৰ শুভদৃষ্টিত
তিল তিলকৈ গঢ় দিলোঁ 
এটি নিশ্চুপ কবিতাৰ ।
মোৰ অজানিতেই ঘটিল
তেজ মঙহৰ অপূৰ্ব সংমিশ্ৰণ
 ৰং তুলিকাৰে কুন্দত কাটি
মোৰ কোলাত সমৰ্পিত একোলা সুখ...,

স্তন বটবৃক্ষৰ জ্ঞানসুধা পীয়াই
বৰ্ণাধ্য স্তৱক গাইছোঁ
অৱগাহন কৰাইছো মানৱতাৰ মন্ত্ৰেৰে
ভোকত খুৱাইছোঁ জ্ঞান মালিনীৰ ফল

এই আশা মোৰ কেতিয়াও নাছিল
 অতীত মই ৰোমন্থন কৰিম
 বৃদ্ধাশ্ৰমৰ মনৰ সঙ্গীৰে
হাতত যোগ-বিয়োগ কৰিম কেইটামান টকাৰ!
অন্তৰাত্মাত এপালি ঔষধৰ লুকাভাকু...

বয়োবৃদ্ধ মহিলা গৰাকীক সুধিলোঁ
কোন আছে আপোনাৰ?
অশ্ৰুসিক্ত নয়ন, গভীৰ কণ্ঠ ভেদি...
"আছে , কিন্তু এতিয়া নাই থাকে ও বহু দূৰত
খবৰো পোৱা নাই বহুদিন"

অস্থি চৰ্ম সাৰ দেহাৰে
কোটৰাগত দুচকুৰ বয়োবৃদ্ধ
একে প্ৰশ্নৰে একে উত্তৰ !
সিঁহত হাল পঞ্জাৱত থাকে
এইমাহতে আগতীয়া পেঞ্চন পাব বুলি শুনিছোঁ
 ঘৰলৈ আহে যেন পাইছোঁ...!!
                   


পৃষ্ঠা ১৯

কবিতাঃ

চ্যুকাফা

প্ৰাঞ্জল কুমাৰ লাহন 

সোণেৰে বৰ অসম সজোৱাৰ সপোন লৈ 
সোণৰ জখলাৰে নামি আহিছিলা তুমি পাটকাইৰ শিখৰৰ পৰা 

তোমাৰ দুচকুৰ সপোনবোৰ সোণৰ দৰেই উজ্বলি আছিল
‘সাতৰাজ মাৰি একৰাজ’ কৰাৰ সপোন দেখুৱাইছিলা
তুমি দেখা সপোনৰ চকুৰে উত্তৰ পুৰুষে সপোন দেখিছিল
উজ্বলি আছিল ছশ বছৰ সোণৰ সপোনবোৰ...

ছশ বছৰ সেই উজ্বলি থকা সোণৰ সপোনবোৰ এদিন লাহে লাহে 
উত্তৰ পুৰুষৰ সোণৰ মোহৰ বাবেই অনুজ্জ্বল হৈ মৈদামতে শুই থাকিল
পশ্চিমৰ বতাহ এছাটিয়ে গম পাই সপোনবোৰক বতাহছাটিৰ অধীন কৰিলে‍

তুমি দেখুৱাই দিয়া সপোনৰ বাটেৰে সোণৰ সপোনবোৰৰ 
কিছু সপোন দৌল, দেৱালয়, কাৰেং হৈ উজ্বলি থাকিল
কিছু সপোন সাঁচিপতীয়া সপোন হৈ যাদুঘৰত থাকিল
কিছু সপোন জলজ সপোন হৈ ৰাজকীয় পুখুৰীত থাকিল
কিছু সপোন প্ৰজাই গৰকিবলৈ আলি, ৰাজআলি হৈ উজ্বলি থাকিল

এতিয়া সপোনবোৰৰ সৈতে উত্তৰ পুৰুষে সোঁৱৰে ছশবছৰীয়া সোণালী ইতিহাস

সোণৰ জখলাৰে নামি আহোঁঁতে তোমাৰ সপোনবোৰ আছিল সোণবৰণীয়া
পিছে উত্তৰকালত উত্তৰপুৰুষে দেখা সপোনবোৰ হ’ল ছাঁই বৰণীয়া
‘সাতৰাজ মাৰি একৰাজ’ কৰাৰ সপোনৰ অর্থ কালৰ গতিত অর্থহীন হৈ পৰিল
সকলোকে সোণ লাগে সোণ লাগে বুলি সপোনৰ বৰঅসম খণ্ড খণ্ড হৈ পৰিল

হে’ মোৰ পুলিনপুথাও, চ্যুকাফা!
তোমাক কাতৰে প্ৰার্থনা কৰিছোঁ আজি‍
তুমি এতিয়া মৈদামতে মনে মনে শুই থাকা৷ তুমি নুঠিবা৷ তুমি নুঠিবা৷ 
তুমি উঠিলে বৰ দুখ পাবা ৷ মৈদামত হয়তো অলপ শান্তি পাবা৷ 
তুমি সাৰ পালে, তোমাৰ মাত শুনিলে‍, তোমাৰ উত্তৰ পুৰুষে 
তোমাক মৈদামতো শান্তিত শুই থাকিবলৈ নিদিব৷ তোমাৰ বুকু খান্দিব, চকু কাঢ়িব...
আনকি তোমাৰ আত্মাকো বিনচ কৰিব৷ কেৱল তুমি দেখুৱাই দিয়া সোণৰ সপোনৰ বাবে

এতিয়া ইয়াত একুৰা একুৰাকৈ সোণৰ সপোনবোৰ 
জুই হৈ জ্বলি ছাই হৈ কুণ্ডলী পকাই উৰি যায় ধোৱা...

তুমি একো চিনিব নোৱাৰিবা ৷ তুমি একো চিনিব নোৱাৰিবা !



পৃষ্ঠা ২০

অনুভৱৰ দাপোণত দুখ


দুখ কি অঘৰী
যে বিচাৰি ফুৰে মানুহৰ বুকুৰ ঘৰবোৰ
আৰু এবাৰ সোমাই
খুঁটি পুতি বহিবলৈ পালে কোনো ঘৰত
সতকাই উঠাৰ
নামকে নলয়!

অথবা গৰু-ছাগলী নেকি দুখ
যে ভগা জেওৰা, খোলা জপনা দেখিলেই
সোমাই আহে আৰু তহিলং কৰে
বুকুৰ শাকনি, ফুলনি

নে দুখ…

সেয়া যিয়েই নহওক
দুখ মানুহৰ চিৰ লগৰী
সুখৰ বৈৰী
আৰু কবিতাৰ বাবে দুখ
যেন আখৰৰ চিঁঁয়াহী ৷

ৰীতা বৰুৱা


পৃষ্ঠা ২১

মোৰ প্ৰেয়সীৰ নাম হেনো নিকিৰি


প্ৰেমৰ প্লাৱনত বিষাদৰ ঝাওবনে
সেউজীয়া কৰে নে খৰালিৰ বালিচৰ ?
সহস্ৰ প্ৰশ্নই বিজুলী খেলি অকস্মাৎ 
মাৰ যায়মোৰ  বাৰিষাৰ মেঘৰ বুকুত ।

পদুমৰ কলিৰে ঢকা  পুখুৰীত
নিতৌ ব'লেনে প্ৰেমৰ  পচোৱা ?
গহীন পানীৰ নীৰৱতা ভাঙি
লুটি-বাগৰ মাৰেনে ৰূপালী চিতল ?

নাচোনৰ ভংগীত উৰেনে নিতৌ
তোমাৰ পুখুৰীৰ আকাশত মাছৰুকা ?

উঁইচিৰিঙাৰ বিৰহ বিননিত সাৰ পাই নে 
তোমাৰ সেই জোনাকী সাধু ?
বিষাদে-প্ৰেমে উপচাই পুখুৰী পাৰত
বহেনে  জোনাকী মেল ?

সময় বাগৰে তলসৰে পদুমৰ পাহি
মাথোঁ ৰয় স্মৃতিৰ সজীৱ পাপৰি ,
মোৰ প্ৰেয়সীৰ নাম হেনো নিকিৰি
ৰং সলাইছে মাছে তাইৰ মন পুখুৰীত ।

ৰিণ্টু টায়ে
টিফুক মিৰি গাঁও  
জিলা-চৰাইদেউ 
পিন-৭৮৫৬৯১
মোবাইল-7002761618
email-rintutaye288@gmail.com



পৃষ্ঠা ২২

আশা


শব্দ নগৰীৰ মেলাত হেৰুৱাই পেলাওঁঁ
কেতিয়াবা নিজকে , 
আকৌ যেন তাতেই প্ৰাণ পাই উঠো । 
হৃদয়ৰ নিভাঁজ কোণত সাঁচি ৰখা
 মৰহি যোৱা সপোনবোৰকো
 আকৌ এবাৰ জগাই তুলিলে 
আশাৰ বৰষুণ জাকে । 

 উদং হৃদয়ৰ ভাৰ সহিব নোৱাৰি 
ভাঙি পৰা মনৰ শুকান
 জেউৰা খনো গঢ় দিলে, কিবাকৈ
 সেই আশাৰ এনাজৰীয়ে।
হৃদয়ৰ পৰা চকুলৈ ভটিয়াই অহা
 কান্দোনৰ টোপালটোও
 শুকাবলৈ ধৰিছে আশাৰ প্ৰখৰ ৰ'দত ।। 

গোট মাৰি যোৱা হৃদয়ৰ তেজৰ 
চেকুৰাবোৰও ইতিমধ্যে 
গলিবলৈ আৰম্ভ কৰিছে,
 আশাৰ তপতত 
আশায়ে জানো মনৰ আকুলতাক 
হেপাঁহৰ ৰূপ নিদিয়ে  ?

পৰিস্মিতা নাথ
নগাঁঁও


পৃষ্ঠা ২৩

কৃষক


তেওঁৰ হাতত এমুঠি ঘৰ্মাক্ত বীজ।
তাৰ ফুৰফুৰীয়া গোন্ধে কুণ্ডলি পকাই 
অহংকাৰ শানিত কামিজত
খোপনি পুতে...
তেতিয়া 
তেওঁ উদৰত ভোকৰ ঢৌৱে
চুনামি ৰূপী পানী হৈ উপচাই তোলে
নিদ্ৰাহীন চকুহাল ।

হ'লেও তেওঁৰ দেহ ঘৰ্মাক্ত হৈয়ে থাকে।

(ৰাষ্ট্ৰীয় কৃষক দিৱসৰ শুভেচ্ছাৰে)
  
নিহাল গগৈ


পৃষ্ঠা ২৪

অবিশ্ৰান্ত যাত্ৰা


স্ৰোতস্বিনী তোমাৰ পাৰত আজি মই ক্লান্ত পথিক।
তোমাৰ নিৰৱচ্ছিন্ন যাত্ৰাৰ
আদি আছিল অন্তও আছে
কিন্তু কিমান বিষাদ কঢ়িয়াই ফুৰিছা 
তাৰ অনুভৱ যেন মইহে কৰিছো আজি ।
যুগ যুগ ধৰি পাহাৰৰ বুকুত শিলৰ থেকেচনি ,
ভৈয়ামৰ বুকুত কাঁইটৰ খোঁচনি
তথাপিও অক্লান্ত যুজাৰু তুমি
কত যে আৱৰ্জনা কঢ়িয়াই ফুৰিছা
জন্মৰে পৰা অন্তলৈ বিনাপ্ৰতিবাদে ।
সেই ধৈৰ্য অপৰাজেয় ।
মই জানো প্ৰতশোধৰ অগ্নি তোমাৰো জাগে
সেয়ে তোমাৰ প্লাৱনে বাৰিষা চকুলো বোৱাই
মই বুজিপাওঁ তোমাৰ মৰমৰ আচ্ছাদন
তোমাৰ পলসতে ঠন ধৰা শস‍্যৰে শুৱনী হয় পথাৰ ।
তোমাৰ গভীৰ বুকুৰ শীতল কোলাত
কতনো জলজে আনন্দত নাচি-বাগি সংসাৰ কৰে 
আৰু মই তোমাৰ গম্ভীৰ স্বৰত
আকৰ্ষণ অনুভৱ কৰিছো আজি।
আজীৱন বাধা নেওচি আগুৱাই যোৱাৰ যি সাহস
তাৰ বাবে তোমাক প্ৰণাম কৰিছো ।
দিয়া মোক অলপ ধৈৰ্য, অলপ সাহস 
আৰু অলপ শীতলতা ।

মনশ্ৰী বৈৰাগী



পৃষ্ঠা ২৫

মানৱতাৰ বধ্য ভূমি


তুলাৰ ওপৰত খমখমীয়া কাগজ,
এৰাতিৰ চিনাকি মনুষ্যত্বৰ  ।
পোহৰত গন্যমান‌্যৰ এজন  
এন্ধাৰত বুকুফালি ৰস ওলোৱা পাষণ্ড
এবাৰো ভাবিবৰ সময় নাই 
দুঠেঙীয়াৰ কাৰ্য কলাপ যেতিয়া  চাৰিঠেঙীয়া  হয়  !
চুহিখোৱা সকলৰো ঘৰে ঘৰে অস্পৃশ্য  হ'ব পাৰে কোনোবা ।
নোৱাৰিনে ৰাতিৰ মদিৰা
 দিনৰ সোমৰস  হ'ব ?

জোনা বৰঠাকুৰ


পৃষ্ঠা ২৬

এতিয়া


এতিয়া য'ৰ পৰা আৰম্ভ কৰিব খোজো দিন এটা,
তাতেইচোঁন লাহে লাহে ঘন হৈ আহে নিশা

এতিয়া য'ৰ পৰা কাঢ়িব খোজো জীৱনৰ খোজ,
তাতেইচোঁন আমি হঁও নিমিষতে নিখোজ

এতিয়া য'ৰ পৰা নাৰীয়ে কৰে জীৱনৰ তাঁতবাঁটি,
তাতেইচোঁন বিবস্ত্ৰা হয় আজিৰ দ্ৰৌপদী

এতিয়া য'ৰ পৰা এজন মানুহ হ'ব খোজে সুমানুহ,
তাতেইচোঁন দলে দলে জন্ম হয় অমানুহ

এতিয়া য'ৰ পৰা বান্ধিব খোজো হৃদয়ৰ বাট,
তাতেইচোঁন ওলাই আহে এটি দুটিকৈ অবাটৰ বাট

এতিয়া য'ৰ পৰা গঢ়িব খোজো ঐক্য আৰু সম্প্ৰীতি,
তাতেইচোঁন জ্বলি উঠে গণসংঘৰ্ষৰ লেলিহান অগ্নি 

এতিয়া য'ৰ পৰা চাব খোজো সেউজীয়া পৃথিৱী,
 তাতেইচোঁন বনধ্বংসই মেলে দুহাতৰ দীৰ্ঘ আঙুলি

এতিয়া ক'ৰ পৰা আৰম্ভ কৰিম দিন এটা,
সৰ্বত্ৰই মেলা আছে ফেঁটীসাপৰ বিষাক্ত ফণা।

নৱজ্যোতি শইকীয়া
১নং শেনচোৱা গাঁও (যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ওচৰত)
ডাক:বৰভেটা, যোৰহাট
ফোন:৮৮৭৬১২৭২০০


পৃষ্ঠা ২৭

উগ্ৰপন্থী


হাতত ক্ষেপণাস্ত্র লৈ
আপোনজনক ঘৰত এৰি
দূৰৈৰ জংঘললৈ
ৰাওনা হৈছা কিয় 

দেশ জাতিৰ স্বাৰ্থত নে
অইন কিবা বেলেগ স্বাৰ্থত

কোনোৱে কয়
এওঁলোকেই বেতন বিহীনভাৱে
দেশ আৰু জাতিৰ স্বাৰ্থত
কাম কৰে
বন্দুক লৈ পুজিবাদীক 
দমন কৰে
সহস্র সংগ্ৰাম চলাই নিয়ে
ডেকা গাভৰুয়ে যৌৱনকাল
আনৰ বাবে উচৰ্গা কৰে
দুখীয়া নিচলা আৰু শান্তিৰ
 বাবে এওঁলোকেই
একমাত্র ভৰষা

আন কিছুমানে কয় 
ইহঁত নিষ্ঠুৰ মানৱতাহীন
সমাজত আতংকৰ সৃষ্টি কৰে
বোমা বাৰুদেৰে
 নিৰীহ মানুহক হত্যা কৰে
তেজৰে ফাকু খেলে

ইহঁত হ'ল ৰাজনৈতিক নেতাসকলৰ
এবিধ সুন্দৰ অস্ত্র
দুখীয়া অবুজ সকলৰ
সন্তানক বিপথে
পৰিচালনা কৰা যন্ত্র

ইহঁতেই দেশৰ শত্ৰু
আৰু হয়তো কাৰোবাৰ গোলাম
টকাৰ বিনিময়ত কাম কৰে
ধন দাবি কৰি লুটপাট কৰে। 

কোন সত্য কোন অসত্য
সেয়া নাজানো
কিন্তু সকলোকে উগ্ৰপন্থী বুলি মতা শুনো।

মুন শৰ্মা
৬০০১৭৬০৫৬৬


পৃষ্ঠা ২৮

অপ্ৰাপ্তিৰ উৰুকা


বুকুৰ জুইকুৰাতো দপদপাই আছে !
এইবাৰ আকৌ মেজি হৈ জ্বলিব

উৎসাহবোৰ ক'ৰবাত নোহোৱা হৈ যায়
অপ্ৰাপ্তিৰে মোৰ প্ৰাপ্তিৰ ভোগৰ আয়োজন !

পদূলিত মাঘৰ উৰুকা
মনবোৰ একেই উৰুঙা,
সৰুতেই ভাল আছিল,
দুখ বুজা নাছিলো...
নতুন কাপোৰ নোপোৱাৰ 
এটা সৰু দুখ আছিল...
আৰু এতিয়া কথাবোৰ বুজি পোৱাৰ এটা বেলেগ দুখ, অতৃপ্ত হৃদয়ৰ দৰে !
মনৰ অমিলবোৰৰ সৈতে আৰু কিমান অভিনয় কৰিম ? 

তথাপি এতিয়াও সেই আপোন হাঁহিটোৰে আইৰ আখল চোন উথপথপ !

মইহে ভাগৰিছো নেকি ?

আকাংক্ষা বৰা,
টীয়ক গুৱাল গাঁও,টীয়ক


পৃষ্ঠা ২৯


অনুভৱ


সেউজীয়া বোৰ নিস্বাৰ্থ 
নিস্বাৰ্থ ভাৱেই পাহে পাহে সুবাস বিলাই
শেৱালীৰ দৰে, হাছনাহানাৰ দৰে
প্ৰকৃতিৰ আলসুৱা মৰম
অবুজ আবেগত জী উঠে,
ভাল লগাবোৰ ভালপোৱা হৈ, আৰু সপোনবোৰ ৰঙীণ হৈ জীপাল হৈ উঠে।

নীল আকাশৰ নীবিড় নীলাবোৰে
মৰম যাচে
অনাখৰী কথাৰ গান গাই;
পদূলিৰ কাষে কাষে হাছনাহানাই 
সুঘ্ৰাণ বিয়পায়
বকুলৰ মালা নে গোলাপৰ পৰশে
বতাহত স্নিগ্ধ সুবাস বিলায়।

নিশাৰাণী ফুকন 
পীড়াকটা বাইলুং গাঁও 
স্নাতক তৃতীয় ষাম্নাষিক


পৃষ্ঠা ৩০

জুই নুমুৱাব নজনা মানুহ


তাত এতিয়া একো নাই
য'লৈকে মোৰ মনে উৰা মাৰিব খুজিছিল

মানুহবোৰ দৌৰিছে মাথোঁ দৌৰিছে
প্ৰাণ টানি দৌৰিছে
তাত এতিয়া একো নাই

ভমককৈ জুই একুৰা জ্বলি উঠিছে
কেমেৰাৰ সমুখতে কোনোবাই কিবাকিবি কৈছে
কোনটলকত মোৰ পিঠিত জুই লাগিল
গমকে নাপালোঁ
ফায়াৰ ব্ৰিগেডে পানী ছটিয়াই থাকোতেই গম পালোঁ
মোক জুয়ে আৱৰি ধৰিলে

জুইৰ কালৈকো মৰম নোপজে বোলা কথাষাৰ
বাৰুকৈ উপলব্ধি কৰিছোঁ  আজি
আত্মীয় স্বজনৰো উপৰ্য্যুপৰি ফোন

কাকতৰ প্ৰথম পৃষ্ঠাত বৰ বৰ হৰফেৰে লিখা
উজনি অসমত জুই লাগিছে

স্থলত জুই জলত জুই
প্ৰকৃতিৰ ৰূপেই সলনি হৈ গ'ল

জুইলৈ ভয় নকৰা মানুহে দেখিছোঁ
জুইলৈ ভয় কৰা হ'ল
জুই নুমাবলৈ মানুহ অ'ৰ-ত'ৰ পৰা বিচাৰি অনা হ'ল

অৱশেষত জুই নুমায় থাকিল
বৰ লাজৰ কথা হ'লেও, এই কথা স্বীকাৰ কৰিবই
লাগিব যে
আমি জুই নুমুৱাব নজনা মানুহ

লক্ষী প্ৰসাদ ৰেগন


পৃষ্ঠা ৩১

নিয়ৰ


(১)
নিয়ৰ তোমাক লগ পালো মোৰ হেঁপাহৰ পদূলিতে শাৰদী পুৱাৰ সোণালী আভাতে,
কোমল কুঁহি পাতৰ বতৰতে ৰিক্ত হৃদয়ত আশাৰ ছবি আঁকি।

 (2)
নিয়ৰ তুমি অনন্যা
জ্ঞান প্রয়াসী প্ৰতিভাৰ কোমল কঠীয়াতলি 
তুমি মোৰ হেঁপাহৰ অনুপম প্ৰেৰণাৰ গঁজালি।

(৩)
তুমি হাত বাউলি মাতিলা মোক 
দুষ্ট ফাগুনে আঁচল উৰুৱাই গাভৰুক আমনি দিয়াৰ দৰেই 
বিচাৰি ফুৰোঁ তোমাৰ বুকুত মোৰেই প্ৰতিশ্ৰুতি।

 (৪) 
নিয়ৰ তুমি এপাহ ফুল
এটোপাল হিমচেচাঁ পানীয়
তুমি সৃষ্টিৰ এধানী প্ৰয়াস 
তুমি স্ৰোতস্বিনী
প্ৰবাহিত হওঁক তোমাৰ বুকুত 
আমাৰ প্ৰতিভাৰ পাণছৈ
অনুভৱৰ পাণ্ডুলিপি।।।
         
ময়ূৰী ভট্টাচাৰ্য বৰুৱা
টীয়ক ৰজাবাৰী


পৃষ্ঠা ৩২
আমাৰ সংবাদঃ
প্ৰকাশ পালে শৰ্মীষ্ঠা বৰ্মনৰ নৱতম গ্ৰন্থ

এচেৰেঙা কাঁচিয়লী ৰ'দ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন




২৭ ডিচেম্বৰ, ২০২০।
আজি সন্ধিয়া ৭-৩০ বজাত অংকুৰণ প্ৰকাশনৰ দ্বাৰা সদ্য প্ৰকাশিত গল্প পুথি এচেৰেঙা কাঁচিয়লি ৰদ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকৰা তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য শ্ৰীযুত কমলাকান্ত গগৈদেৱে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ ৰক্ষা মন্ত্ৰালয়ৰ কৰ্মচাৰী, বৰ্তমান দিল্লী মহানগৰীৰ স্থায়ী বাসিন্দা লেখিকা শৰ্মীষ্ঠা বৰ্মনৰ এই গ্ৰন্থখনি সাম্প্ৰতিক কৰ’না মহামাৰীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে ডিজিটেল মাধ্যমত গগুল মিটৰ জৰিয়তে উন্মোচন কৰিব লগীয়া হয়। গোলাঘাট নিবাসী ৰাজশ্ৰী বৰাই আঁত ধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সম্পাদক তথা অধ্যাপক শ্ৰীযুত মৃণাল কুমাৰ বৰুৱা আৰু বিশিষ্ট লেখিকা ড০ জয়ন্তীমালা বৰপূজাৰীয়ে। অঙ্গন ই-আলোচনীৰ সহঃ সম্পাদক মঞ্জিত হাজৰিকাদেৱে এটি কবিতা পাঠৰ লগতে নিজৰ সাৰুৱা মন্তব্যৰে সমজুৱাৰ একাষাৰৰ পাতনি মেলা এই অনুষ্ঠানটিত ভাষণ আগবঢ়ায় জনপ্ৰিয় চিত্ৰকৰ কৰ্ণেল জিতেন হাজৰিকা, মাজুলী নিউজ আৰু মাজুলী দাপোন নামৰ কাকত দুখনৰ মূূখ্য সম্পাদক কিশোৰী মোহন পাল, শ্ৰীমন্ত শংকৰদেৱ সংঘ দিল্লী জিলা শাখাৰ সভাপতি দীপক বৰা, দিল্লী অনাতাঁৰ কেন্দ্ৰৰ অৱৰপ্ৰাপ্ত বাতৰি পৰিৱেশক হিৰণলাল দত্তদেৱে। উল্লেখ্য যে বিশিষ্ট লেখক তথা সাহিত্য সমালোচক প্ৰণৱ ফুকন, অধ্যাপক ড০ মানস প্ৰতিম বৰা, উত্তৰ গুৱাহাটী মহাবিদ্যাৰ অধ্যাপিকা অনামিকা বৰা, দিপালী বৰা, ডাঃ কুলেন্দ দাস, ডাঃ দিবেন্দু বৰা, কবি ডাঃ ৰিতামণি বৰুৱা, লেখক ৰমেশ বৰুৱা, কবি আৰু কবিতা গোটৰ মূূখ্য সম্পাদক তথা এডমিন ধৰ্মেন্দ্ৰ বৰা, আই মাতৃ আৰু শিশু কল্যাণ উপ সমিতিৰ সম্পাদিকা ববিতা বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘ দিল্লী জিলা শাখাৰ উপ সভাপতি প্ৰকাশ শইকীয়া, লেখিকা শ্যামলিমা কাকতি, চন্দনা হীৰা, প্ৰস্তুতি শৰ্মা, স্বপ্নমজ্যোতি কলিতাৰ লগতে কেবাজনো বিশিষ্ট লেখক তথা কবিয়ে এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটিৰ শোভা বৰ্দ্ধন কৰে। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী তথা অঙ্গন ই-আলোচনীৰ মূূখ্য সম্পাদক আৰু মাহেকীয়া শিশু আলোচনী অকণিৰ অংকুৰণৰ সম্পাদক হেমেন নাথে প্ৰকাশকৰ মন্তব্যত গ্ৰন্থ, লেখক আৰু পাঠকৰ মাজৰ সু-সম্পৰ্কৰ বিষয়ে অৱগত কৰে আৰু লেখিকাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানটিৰ শেষত লেখিকা শৰ্মীষ্ঠা বৰ্মনে সকলোৰে ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰে। প্ৰকাশক হেমেন নাথে জানিবলৈ দিয়া মতে অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলাৰ লগতে শীঘ্ৰে স্থায়ী বিপনীসমূহতো কিতাপখন উপলব্ধ হ’ব।



পৃষ্ঠা ৩৩

ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ৯

গোৱা

(শেষ খণ্ড)

শর্মীষ্ঠা বর্মন
নতুন দিল্লী

Donapaula Beach চোৱাৰ পাছত মিল্টনে আমাক Colva Beach লৈ যোৱাৰ কথা ক'লে ৷ সেই হেতুকে Donapaula Beachত বৰ বেছি পলম নকৰিবলৈ অনুৰোধ জনালে ৷ 
     Beach পোৱাৰ লগে লগে সকলোবোৰে একপ্রকাৰ পানীত জঁপিয়াই পৰিলোঁ ৷ প্রকাণ্ড ঢৌবোৰ যেতিয়া আহে তেতিয়া বৰ ভয় লাগে ৷ কিন্তু ল'ৰা-ছোৱালীবিলাকে ঢৌবোৰ আহিলে ফূর্তিত চিঁঞৰ-বাখৰ লগাই দিয়ে ৷ ভাইটিৰ এবছৰীয়া পুতেককো পানীত নমাই দিয়া হৈছিল ৷ পানীত নামিবলৈ পাই তাৰো যে আনন্দৰ সীমা নোহোৱা হৈছিল ৷ ঢৌবোৰৰ সতে উটি অহা সৰু সৰু সাগৰীয় মাছবোৰ ল'ৰা-ছোৱালীবোৰে হাতত তুলি নিৰীক্ষণ কৰিছিল ৷ সিহঁতে শামুকৰ খোলাবোৰ গোটাইছিল ৷ তেনেকৈয়ে বহু সময় পাৰ হৈ গ'ল ৷ পানীৰ পৰা কোনোৱে উঠি আহিবলৈ মন কৰা নাছিল ৷ তথাপিও উঠি আহিলোঁ ৷ কিন্তু ল'ৰা-ছোৱালীবিলাকক পানীৰ পৰা তুলি অনাটো একপ্রকাৰ অসম্ভৱ যেন লাগিল ৷ পাহাৰৰ মনোমোহা সৌন্দর্য্যত মোহিত হৈ যি স্বর্গীয় সুখ অনুভৱ কৰিছিলোঁ সেই স্বর্গীয় সুখৰ পৰিভাষা ইয়াত আহি সলনি হ'ল ৷ আমি ডাঙৰবোৰেহে পাহাৰৰ সৌন্দর্য্যত মোহিত হওঁ, কিন্তু ল'ৰা-ছোৱালীবোৰ সাধাৰণতে সমবয়সীয়া, লগৰীয়াৰ সতে মুকলিমূৰীয়াকৈ খেলা-ধূলা কৰিহে আনন্দ লাভ কৰে আৰু তাকে দেখি আমাৰ পৰম সুখ অনুভূত হ'ল ৷ পিছে এইখিনি মুহূর্ত্তত পৰম সুখ আচ্ছাদন কৰি থাকিলে নহ'ব বুলিয়েই সিহঁতক পানীৰ পৰা টানি-টুনি উঠাই আনি কাপোৰ-কানি সলাই দিলোঁ ৷ কাৰণ মিল্টনে আমাক সোনকাল কৰিবলৈ কৈছিল ৷ অন্যথা Colva Beachলৈ যোৱা নহ'ব ৷ এই Beach তে ডাঙৰ ভাইটীয়ে ছেগ চাই 'জেট স্কি'ত উঠিছিল ৷ 'জেট স্কি'ৰ দ্রুত গতি দেখি আমি ভয় খাই তাত উঠাৰ কথা ভবা নাছিলোঁ ৷ 
       Colva Beach গৈ পাওঁতে সন্ধিয়া লাগিল ৷ বৰ কষ্টেৰে ল'ৰা-ছোৱালীবিলাকক পানীত নমাৰ পৰা বিৰত ৰাখিলোঁ ৷ মাজু ভণ্টীৰ ডাঙৰ ল'ৰাটোৱে(আটাইকেইটা ল'ৰা-ছোৱালীৰ মাজত সি আটাইতকৈ ডাঙৰ) নির্ভয়ে 'জেট বোট'ত উঠিল ৷ বৰ দ্রুত গতিত চলে এই 'জেট বোট',দেখিলে ভয়ে লাগে ৷ Colva Beachত আমি দুই-এপদ কাপোৰ কিনি 'মেৰিনা হল'লৈ উভতি আহিলোঁ ৷
     তৃতীয় দিনা মোৰ শাহু আইৰ মৃত্যু বার্ষিকী পৰিছিল ৷ সেইবাবে পুৱা আমি সকলোৱে এক্ষন্তেক বহি তেওঁক সোঁৱৰি ঈশ্বৰক স্মৰণ কৰোঁ বুলি অকণমান বুট-মাহ আৰু ফলেৰে নাম এভাগ গালোঁ ৷ ঠিক তেনে সময়তে ৰমেল আহি ওলাল ৷ আমাক নাম গোৱা দেখি ভাল পোৱা বুলি ক'লে ৷ ৰমেল আচলতে আহিছিল আমাক বাইবেল দিবলৈ ৷ প্রত্যেককে একোখনকৈ হিন্দী, ইংৰাজী আৰু বাংলা ভাষাৰ বাইবেল দি গুচি গ'ল ৷ 
      প্রসাদ খাই উঠি মিল্টনে আমাক লৈ গ'ল ডলফিন দেখুৱাবলৈ ৷ গাড়ীখনৰ পৰা নামি আমি তিনিখন নাও লৈ ডলফিন চাবলৈ গ'লো ৷ মাজে মাজে ডলফিনবোৰে ভূমুকি মাৰিবলৈ ধৰিলে ৷ এটা ডাঙৰ ঢৌৰ সতে ডলফিনৰ মূৰটো দেখা পোৱাৰ লগে লগে সকলোৱে আনন্দত চিঁঞৰ-বাখৰ কৰিবলৈ ধৰিলে ৷ সেইকাৰণেই হ'বলা ভয় খাই ডলফিনে দুনাই দর্শন নিদিলে ৷ পানীৰ পৰা আমি এটা ধুনীয়া 'হাভেলি' দেখা পালোঁ তাত হেনো 'হাচিনা মান যায়েগী' নামৰ হিন্দী বোলছবি খনৰ 'শ্বুটিং' হৈছিল ৷ সেই ঠাইৰ পৰা আমি Aquada Fort দেখিলোঁ ৷ সময়ৰ অভাৱত সেই দূর্গ চাবলৈ নগ'লো ৷ 
    তাৰ পৰা আমি এইবাৰ যাম Calaungut Beachলৈ ৷ গাড়ীত উঠাৰ আগে আগে আমি কিবাকিবি খাই ল'লো ৷ তাৰ পাছত 'ট্রেভেলাৰ'খনত উঠিবলৈ উদ্যত হ'লো ৷ প্রথমতে ল'ৰা-ছোৱালীবোৰ সোমাব ধৰিলে ৷ ভিতৰলৈ সোমোৱাৰ লগে লগে সিহঁতে আনন্দতে চিঁঞৰ-বাখৰ কৰিবলৈ ধৰিলে ৷ "কি হ'ল, কি হ'ল" বুলি আমি যেতিয়া উঠিলোঁ তেতিয়া দেখিলোঁ গাড়ীখনৰ ভিতৰত ঢেৰ ৰং-বিৰঙী বেলুন উৰি আছে ৷ ভাবিলোঁ এয়া মিল্টনে কৰিছে ৷ সকলোৱে তাক Thank you Thank you কৰিলে ৷ সি কেৱল হাঁহিলে, কোনো উত্তৰ নিদিলে ৷ পৰৱর্ত্তী মুহূর্ত্তত গম পোৱা গ'ল এয়া মাজু ভনীজোঁৱাইৰ কাম ৷ 
      Calaungut Beach ত পুনৰ আমি সকলোৱে পানীত ফূর্তি-আমোদ কৰিলোঁ ৷ তাৰপৰা Baga Beach দেখা গ'ল, কিন্তু সময়ৰ অভাৱত তালৈ আমি নগ'লো ৷ সন্ধিয়া পৰত আমি 'হোম ষ্টে'লৈ উভতি আহিলোঁ ৷ তেনেতে ৰমেল আহি ওলাল আৰু আমাক জনালে যে আজি পানীৰ অকণমান অসুবিধা হ'ব পাৰে ৷ গতিকে আমি যাতে কেৱল গা'হে ধুওঁ, সাগৰৰ পানীত তিতা কাপোৰবোৰ কালি পুৱা পানী আহিলে ধুলে ভাল হ'ব ৷ কথামতে কাম ৷ কোনোৱে কাপোৰ নুধুলে ৷ সকলোৱে গা-পা ধুই উঠি আমি ৰান্ধনীসকলে ৰন্ধা-বঢ়াত লাগি গ'লো ৷ যথাসময়ত খাই-বৈ উঠি আটাইবোৰ নিজৰ নিজৰ কোঠালীত সোমাই পৰিলোঁ ৷ মই মনে মনে ভাবিলোঁ কোনোৱে যেতিয়া কাপোৰ ধোৱা নাই তেন্তে মই মোৰখিনি ধুয়ে পেলাওঁ ৷ ইমানখিনি পানীতো আছেই ছাগৈ ৷ ভবামতে কাম কৰিলোঁ ৷ নিজকে আপোনপেটীয়া যেনো লাগিল ৷
      পুৱা মুখ-হাত ধুই উঠাৰ লগে লগে পানী শেষ হৈ থাকিল ৷ অৱশ্যে মাত্র পোন্ধৰ-বিশ মিনিটৰ পাছতেই ৰমেলে আহি জনালে যে পানী আহিছে, এতিয়া আমি কাপোৰ ধুব পাৰোঁ ৷ পিছে কি আচৰিত কথা কাপোৰ ধুওঁতা কোনো নোলাল ৷ মোৰ দৰে সকলোৱে ৰাতিয়েই কাপোৰ ধুই আজৰি ৷ ভাবিলোঁ ' কাকনো বুলিম ককা, সকলোৰে দাড়ি-চুলি পকা' ! মই নিজকেহে আপোনপেটীয়া বুলি ভাবিছিলোঁ, কিন্তু কোনো কম নহ'য় ৷ কথাষাৰ জনাজনি হোৱাত সকলোৱে হাঁহিৰ খোৰাক এটা পালোঁ ৷ এইখিনিতে ৰমেলৰ দায়িত্ববোধৰ শলাগ ল'লোঁ ৷ পানী আছিল যদিও কম আছিল ৷ আমাৰ অসুবিধা নহওঁক বুলিয়ে আমাক আগজাননী দি থৈ গৈছিল ৷ 
      চাহ-জলপান খাই উঠাৰ পাছত মিল্টনে আমাক লৈ গ'ল Cavlem লৈ ৷ তাত Chantadurga নামৰ বহু পুৰণি আৰু ডাঙৰ মন্দিৰ এটা আছে ৷ 
    তাৰ পাছত আমি গ'লো Wax Museum আৰু এটা Haunted House লৈ ৷ দুয়োটা একেলগে আছে ৷ প্রথমতে আমি টিকট লৈ Wax Museum চাবলৈ গ'লোঁ ৷ তাত বহু কেইজন বিখ্যাত লোকৰ মূর্তি সজোৱা আছে ৷ 
Wax Museum ৰ পৰা ওলাই আমি টিকট লৈ Haunted House ৰ ভিতৰলৈ গ'লোঁ ৷ অৱশ্যে আমাৰ লগৰ কেবাজন ভয়াতুৰ বাহিৰতে থাকিল ৷ আমি Haunted House ৰ ভিতৰলৈ সোমাইছিলোঁহে, ভয় লগা শব্দ শুনি মোৰ ল'ৰাটোৱে তাতেই চিঁঞৰ-বাখৰ লগালে ৷ তাক আমাৰ ভয়াতুৰৰ দলত অন্তর্ভূক্ত কৰি আমি ভিতৰলৈ গ'লোঁ ৷ মোৰ পিছে ল'ৰাটোলৈ বেয়া লাগিল, ভিতৰলৈ যাব খোজা নাছিলোঁ, কিন্তু ছোৱালীজনীয়ে ভিতৰতে ভয় খাব বুলি তাইৰ হাতত ধৰি সোমাবলগীয়া হ'ল ৷ ওলাই আহি অবাবতে সময় নষ্ট কৰা যেনহে লাগিল ৷ 
        তাৰ পৰা আমি গ'লো 'পঞ্জী' নদীত Cruze ৰ আনন্দ ল'বলৈ ৷ টিকট লৈ আমি 'পঞ্জী' নদীত থকা  Cruze ত উঠিলোঁ ৷ এই নদীৰ পানী সাগৰত গৈ লগ হৈছেগৈ ৷ Cruze খন চলাৰ লগে লগে থলুৱা গায়ক আৰু নাচনী কেইজনীমানে সিহঁতৰ নাচ-গানৰ 'প্রগ্রাম' আৰম্ভ কৰিলে ৷ আমাকো মাতি নি নাচিবলৈ দিলে ৷ নাচ-গান চলি থাকোতে থাকোতে গমেই নাপালোঁ কেতিয়া Cruze খন আহি পাৰ পালেহি ৷ তাৰ পৰা নামি আমি 'হোম ষ্টে'লৈ উভতি আহিলোঁ ৷ 
     পিছদিনা পুৱা আমি পুনৰ Colva Beach লৈ গ'লোঁ ৷ সেইদিনা আমাৰ 'গোৱা' যাত্রাৰ শেষ দিন আছিল ৷ Colva Beach ত আমি আপোনবিভোৰ হৈ সময় কটালোঁ ৷ Beach ৰ পাৰত থকা অস্থায়ী দোকানৰ পৰা কেইপদমান কাপোৰ কিনিলোঁ ৷ 
পিছবেলা ৰমেল আৰু তাৰ পৰিয়ালৰ পৰা বিদায় লৈ আমি দিল্লী অভিমুখী ৰেলত উঠিবলৈ ষ্টেচনলৈ আহিলোঁ ৷ মিল্টৰ পৰা বিদায় লৈ আমি ৰেলত উঠিবলৈ যো-জা কৰিলোঁ ৷ 
      সৰু ভণ্টীহঁতৰ পৰিয়ালটোৱে 'শ্রীড্ডী' দর্শন কৰিব বুলি  তাৰপৰা নির্দ্দিষ্ট ৰেলৰ বাবে অপেক্ষা কৰিলে ৷ সিহঁতক ষ্টেচনতে এৰি থৈ আমি দিল্লী অভিমুখী ৰেলত উঠিলোঁ ৷ 'কোটা' ষ্টেচনত ভাইটিহঁত নামিল ৷ মাজু ভণ্টিহঁতৰ পৰিয়াল, সৰুজনী ভাই-বােৱাৰী আৰু মা-দেউতা আমাৰ লগত দিল্লীলৈ আহিল ৷ ঘৰ আহি পাওঁতে ৰাতি হৈছিল ৷ সৰু ভাইটিয়ে আমাৰ বাবে খোৱাৰ যোগাৰ কৰি থৈছিল ৷ 
       এই ভ্রমণ মোৰ বাবে চিৰস্মৰণীয় হৈ থাকিব ৷


পৃষ্ঠা ৩৪

নীলাখামৰ চিঠি ঃ
 
প্ৰতি,
            মৰমৰ

        চকুত ডাঠকৈ কাজল দিয়া ছোৱালী জনী। তোমাক ভাল বন্ধু বুলি কম নে প্ৰেয়সী বুলিয়ে সম্বোধন কৰিম ? আজিৰ পৰা প্ৰেয়সী কিম্বা প্ৰেমিকা নামটো তোমাক উপহাৰ দিলো। তুমি নিশ্চয় ভাৱিছা..! তোমাক বহুদিনৰে পৰা লক্ষ্য কৰোঁঁ তোমাৰ ভাজ লগা চুলি, চকুত ডাঠ কাজল, ওঁঁঠত পাতল লিপ্সটিক সঁচাকৈয়ে তুমি যেন নিয়ৰৰ সেমেকা দলিচাখনত সেউজীয়া গোন্ধ বিলোৱা এজনী জোনাকী। 
             খবৰ কোৱা, নিশ্চয় ভালে আছা। তোমাক এদিন নেদেখিলে অনুভৱ হয় তোমাক যেন কত বছৰ দেখা নাই। মোৰো ভাল খবৰ, তোমাৰ প্ৰেমত পৰিছো আৰু খবৰ বেয়া হ'ব নেকি ? তোমাক মেখেলা চাদৰ পিন্ধিলে বৰ ধুনীয়া লাগে আৰু মোৰ চঞ্চল চকুয়ে তোমাৰ ফালে চাই ৰয় নিৰৱে একেথিৰে। আৰু কিবা কিবি কথা পাতে  তোমাৰ চকুৰ সৈতে। অস্পষ্ট ভাষা হলেওঁ মই বুজি পাওঁ এয়া প্ৰেমৰ ভাষা। আজি যদিওঁ আধুনিক যুগত চিঠি লিখাৰ প্ৰচলন নাই তথাপিওঁ কিন্তু এটা আমেজ আছে সেই চিঠিত। সেই আমেজৰ সৈতে মইয়ো উকা কাগজ এখন হাতত তুলি ললো এটা নীলা কলমৰ সৈতে। তোমালৈ বুলি চিঠি লিখিবলৈ। 
          আচলতে কি জানা প্ৰেমৰ অনুভূতিবোৰ ম'বাইলৰ মেছেজত বৰ কিবা বেপেৰুৱা যেন লাগে। সেয়ে মোৰ বুকুৰ ৰক্তজৱাৰ কথা কলমৰ আগেৰে নিগৰাই দিবলৈ দুঃসাহস কণ কৰিছোঁ। চিঠি লিখাৰ অভ্যাস নাই। আজিয়ে প্ৰথম গতিকে ভাষা বেবেৰিবাং হ'ব পাৰে। তথাপিও তোমাক মোৰ বুকুত বৈ থকা প্ৰেমৰ নদীখনৰ কথা এই পত্ৰৰ জৰিয়তে জনালো। মোৰ অনুভূতিক সঁহাৰি দিয়া বা নিদিয়া চিঠিৰ উত্তৰ কিন্তু দিবা। আজিলৈ সামৰিছোঁ।

     ইতি 
তোমাৰ প্ৰেমত পৰা ল'ৰা জন

ধনঞ্জয় ৰায়
ধুবুৰী, ফোনঃ৮৬৩৮৭৬৭২৮৫


পৃষ্ঠা ৩৫

গল্পঃ

হাঁহি

ছোৱালীজনীৰ নাম নাজানো । মুখেৰে মাত নুফুটে । ওঁঁঠ দুটা কপি উঠি গোটেই মুখমণ্ডল বিৰিঙি দুই কুৱাৰিয়েদি বাগৰি যায় । এয়ে তাইৰ হাঁহি ।হাঁহি হাঁহিয়েই যেন জীয়াই থাকিব এই ছোৱালীজনী পৃথিৱীৰ অপৰূপত । সৰু ল'ৰা-ছোৱালীবোৰে তাইক দেখিলেই বেঙী অ বেঙী বুলি চিঞৰ বাখৰ লগায় । শিলগুটি দলিয়ায় আৰু তাইৰ পিছ লয় । লানি নিচিগা ল'ৰা ছোৱালীবোৰ কিয় তাইৰ পিছ লয় বা ঘূৰে এই লৈ তাইৰ কোনো ভ্ৰুক্ষেপ নাই ।হাঁহি কেৱল হাঁহি হাঁহিয়েই যেন জীৱনটো পাৰ কৰি দিব এই ছোৱালীজনীয়ে । জপৰা চুলিকোচাৰ আগটো আঁকোৰা । বেণীগুঠা । ৰঙা এচিটা ফিটাৰে বন্ধা । কাপোৰ সাজ লেতেৰা । হয়তু কোনোবা ভদ্ৰ মহিলাৰ অৱদান ।পিন্ধনত স্বাভাৱিকতা নাই । কিবা এমুঠি পোৱাৰ আশাত তাই এঘৰৰ পৰা আনঘৰলৈ যায় । মুখৰ মাত নাই । বাওঁহাতৰ তলুৱাখন পাতি সোঁহাতৰ আঙুলিকেইটা থুপাই কিবা বুটলি খোৱাৰ ভঙ্গীমাৰে তাই তাইৰ ভোকৰ অনুভূতি জনায় । কোনোৱাই দিলে খায় নিদিলে নাই । মান অভিমান অসন্তুষ্টিৰ ভাৱ লেখমানো নাই ।খাৱ পালেও হাঁহি নেপালেও হাঁহি ।হাঁহি তাইৰ চিৰ লগৰীয়া ।
     এনেকৈয়ে তাই এটা চুবুৰীৰ পৰা আনটো চুবুৰীলৈ যায় । তাইৰ পিছ লোৱা ল'ৰা ছোৱালীৰ জুমটোৰ পৰা দুই এটা সাল সলনি হয় ।
       শুনিবলৈ পাইছিলো মুকলি পথাৰ খনৰ সিপাৰে টুপৰ গাঁৱত বেঙীৰ ঘৰ । পথাৰৰ সিটো মূৰত এডৰা বাহনি । বাহনিৰ সিপাৰে টুপৰ গাওঁ । সপ্তাহ দহ দিনৰ অন্তৰে অন্তৰে বেঙী গাঁৱলৈ আহে । ল'ৰা ছোৱালী বোৰৰ কিৰিলিত বুজিবলৈ বাকী নেথাকে যে বেঙী গাঁৱত প্ৰৱেশ কৰিছে । ডেকাৰ পৰা বুঢ়ালৈ তাইৰ গতি বিধি ভিন্নভাৱত নজৰ বন্দী ।আলিবাটত চালিধৰা উতনুৱা এচাম ডেকাই গাঁৱৰ কেকুৰীটো পাৰ হোৱাৰ পিছত তাইৰ পিছ লয় ।
      
      আজি কিছুদিন ধৰি বেঙী গাঁৱত প্ৰৱেশ কৰা নাই ।

      আকৌ কিছু দিনৰ পিছত বেঙীক গাঁৱত দেখা গ'ল । এইবাৰ তাইৰ ৰূপ বেলেগ । তাইৰ কোলাত এটা অৰ্দ্ধ নগ্ন শিশু । তাইৰ পিছ লোৱা ল'ৰা ছোৱালীৰ জুমটো আগৰ তুলনাত কম ।আলিবাটত চালিধৰা উতনুৱা ডেকাহঁতৰ দৃষ্টি সলনি হৈছে । তাইৰ কোলাত পিতৃ পৰিচয়হীন শিশুটি দেখিলেই সিহঁত মৌন হৈ পৰে আৰু লাহে লাহে আঁতৰি যায় ।

    জুয়ে পুৰা '৮৩ৰ মাজভাগৰ এদিনৰ সন্ধিয়া । গাঁৱৰ নামঘৰৰ ডবাবোৰ আগলা পাগলাকৈ বাজি উঠিল । আদহীয়া পুৰুষ সকলে হাতত টৰ্চ লাঠী লৈ বাহতল কুঁঁহিয়াৰ তল বিচাৰি গ'ল ।।ডেকাহঁতে উতলা ভাত এৰি হাতত দা জাঠি জোং লৈ টুপৰ গাঁৱৰ ফালে ঢাপলি মেলিলে । ঘৰত থকা বোৱাৰী জীয়াৰী হঁতৰ পেটতে হাত ভৰি লুকাল । ডেকাহঁতে হেনু সেই দিনা টুপৰ  গাঁৱত নৰা চিঙিব ।
      টুপৰ গাঁৱ এখন পুৰণি মুছলমান গাওঁ ।টুপৰ গাঁৱৰ মানুহ বোৰৰ লগত আমাৰ গাঁৱৰ মানুহৰ ভাল মিলা মিছা । সিহঁত পুৰণা বাসিন্দা । পিছে এতিয়া বিদেশী বহিস্ককাৰ আন্দোলনৰ পৰিপেক্ষিতত ৰাতি ৰাতি হেনু এন্ধাৰৰ সুযোগ লৈ সৰু সৰু গাড়ীৰে টুপৰ গাঁৱৰ মানুহক অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰিছে । কথাটো ফুচফাচকৈ গাঁৱৰ মানুহৰ মুখত বিয়পি পৰিছে ।

       পিছদিনা শুনিবলৈ পালো। সেইদিনা পুৱতি নিশা আমাৰ যুদ্ধাৰু ডেকাহঁতে হেনু হাতে হাতে হাঁহ কুকুৰা ছাগলী লৈ নিজ নিজ ঘৰত উপস্থিত হ'লহি ।
      জানিবলৈ পালো বিদেশী বহিস্ককাৰ আন্দোলনৰ জুইয়ে। আগুৰি ধৰা টুপৰ গাঁৱৰ মাজৰ পৰা দৌৰি পলাব নোৱাৰি এজনী বেঙীৰহে মৃত্যু হ'ল ।

বি:দ্ৰ:-[জুয়ে পোৰা '৮৩ৰ এটা সঁচা কাহিনীৰ আলমত সামান্য সংযোগ কৰি লিখা হৈছে ।]

উষা দেৱী 
বাৰ পূজীয়া (নগাঁঁও)
ফোন:৮৪০৩০০৮২৯৬


পৃষ্ঠা ৩৬

দুখৰ ডেউকাত সুখৰ আলিংগন

                          
(এক)

ৰাতি দুই এজাক বৰষুণ দিছিলে যদিও ৰাতিপুৱা সূৰ্যৰ কিৰণত  দুবৰীৰ দলিছাৰ ওপৰত  সিঁচৰিত হৈ থকা ,বৰষুণৰ টোপালবোৰ জিকমিকাই উঠিল। হাতত চাহৰ কাপটো লৈ নীলকমল দত্তই বাতৰি খনত চকুফুৰালে, দ্বিতীয় পৃষ্ঠাত মেলিয়েই দেখিলে কণ কণ শিশুবোৰে বৰষুণত তিতি কাগজৰ নাওঁ খেলা সেই অপৰূপ দৃশ্যটো।কিছুসময় ভাবপোষক দৃষ্টিৰে চোৱাৰ পিছত হুমুনিয়া এটি মাৰি বেতৰ চকী খনত বহি পৰিলে 
মনটোত খুন্দিয়াবলৈ ধৰিলে অতীতৰ কথাবোৰে। নীলকমল দত্তই মনটোক ধৰি ৰাখিব নোৱাৰিলে উৰা মাৰিলে অতীতৰ দিশে।
এটি দৰিদ্ৰ পৰিয়ালৰ আধি মাটি খেতি, দিন হাজিৰা কৰি সন্তানক পোহপাল দিয়া মাক দেউতাকৰ এজন ককায়েক আৰু এজনী বায়েক মাজত নোমলীয়া পো নীলকমল বৰা।
দৰিদ্ৰতাই ৰাজহাড় বেঁকা কৰা পৰিয়ালটো দুবেলা দুমুঠি খাই চলি আছিলে, হঠাৎ মিছা অপবাদৰ দুখৰ পাহাৰৰ খন খহি পৰিলে পৰিয়ালটোৰ মূৰৰ ওপৰত। নীলাকমলৰ মাক অৰ্থাৎ মালতি দত্তৰ পৰ - পুৰুষৰ লগত সম্পৰ্ক থকা বুলি এটি ভিত্তিহীন বদনামৰ ভাৰ জাপি দিয়ে আৰু ৰাইজৰ পৰা এঘৰীয়া কৰে। অসহায় পৰিয়ালটোৰ বিননি শুনোতা কোনো নাই, স্বাৰ্থপৰ সমাজখন ব্যস্ত বদনাম জাপি দিয়াত।স্কুলত গুৰুত্ব নিদিয়ে সকলোৱে ঘিণা দৃষ্টিৰে চাই। অসহায় পৰিয়ালটো ভাগি পৰিল , নীলকমলৰ দেউতাক অৰ্থাৎ ভোগেশ্বৰ দত্তই আঁঠুয়ে আঁঠুয়ে ছোঁচৰি ৰাইজৰ শৰণাপৰ্ণ হৈ ৰাইজ একত্ৰিত কৰিলে হৰিমন্দিৰত ।বিচাৰ আৰম্ভ হ'ল :-
ৰাইজৰ(বেথাৰাম ভৰালী):- মালতী তই দোষী বুলি ৰাইজে তোক পৰ পুৰুষৰ লগত সম্পৰ্ক আছে বুলি জানিব দিছে। তই ভাগৱত ধৰি শপত খাই ক ? সেই মানুহজন অৰ্থাৎ ফৰিউদ্দীন আলি লগত সম্পৰ্ক থকাৰ কথা ?
মালতী:-(ভাগৱত ধৰি) স‌ইত স‌ইত তিনি স‌ইত; ৰাইজ ফৰিউদ্দীন আলি আমাৰ ঘৰলৈ অহাটো হয়, কিন্তু ৰাইজ তাৰ লগত কোনো সম্পৰ্ক নাই মোৰ। সি আমাৰ ঘৰলৈ আহে কাৰণ তাৰ গৰুহাল আমাৰ ঘৰত খেতি কৰিবলৈ দিয়া আছে। বন্ধুত্ব কাৰণে আহ যা আছে, মোৰ স্বামীৰ লগত আগৰে পৰা ভাল বন্ধু।
ৰাইজ (বিদ্যাধৰ নেওগ):-ভোগেশ্বৰ তই কচোন মালতীক কেতিয়াবা অপকৰ্ম লিপ্ত হোৱা দেখিছ নে ? আৰু ফৰিউদ্দীনৰ লগত তোৰ আৰু তেওঁৰ ঘৈণীয়েৰৰ কি সম্পৰ্ক আছে ?
ভোগেশ্বৰ:-স‌ইত স‌ইত তিনি স‌ইত; ৰাইজ আমি দুখীয়া মানুহ হ'ব পাৰো। কিন্তু সদায় সত্য পথত থাকি দুবেলা দুমুঠি খাই আছোঁ ল'ৰা ছোৱালী কেইটা লৈ , মই নিজে মতাটোয়ে আজিলৈকে একো বেয়া কামত লিপ্ত হোৱা দেখা নাই। বাহিৰৰ ৰাইজে নো ক'ত দেখিলে হয়। ফৰিউদ্দীন মোৰ বন্ধু, তাৰ গৰুহালৰ যহঁতেও ধান মুঠি পাই কোনোমতে ,হাজিৰা কৰি পৰিয়ালটো পুহি আছোঁ।এনে মিছা অপবাদ নিদিব ৰাইজ। এয়া ঘোৰ অপৰাধ, ভগৱানে সব দেখি আছে, মই যদি ভুল কৰিছোঁ মোক চিন দেখুৱাব। ৰাইজ হাত যোৰ কৰি মিনতি কৰি কৈছোঁ। মোৰ মাইকী চৰিত্ৰহীন নহয়।
ৰাইজ(মুহেধৰ শইকীয়া): ফৰিউদ্দীন, তোৰ কি সম্পৰ্ক আছে ভোগেশ্বৰ ঘৈণীয়েকৰ লগত ?
ফৰিউদ্দীন: সত‍্য সত‍্য তিনি সত‍্য; ৰাইজ মালতীৰ লগত মোৰ কোনো সম্পৰ্ক নাই, ভোগেশ্বৰ মোৰ লগত আগৰে পৰা বন্ধু ,আৰু মোৰ গৰুহাল তাক খেতি কৰিবলৈ দিয়া আছে, আৰু মোৰ ভাগিনজনীৰ ভোগেশ্বৰ জীয়েকৰ সমবয়সীয়া সেইবাবে সিহঁতেও( ভোগেশ্বৰ ল'ৰা-ছোৱালী) মোক মামা বুলি সম্বোধন কৰে। ল'ৰা-ছোৱালী কেইটাৰ মৰম আৰু বন্ধুৰ স্বাৰ্থত ,অহাযোৱা কৰোঁ। ৰাইজ আল্লা শপত খাই কৈছোঁ ,বেলেগ আৰু একো সম্পৰ্ক নাই।

(দুই)

তেনেতে নন্দৰাম দাইটিয়ে শনিৰাম ,চন্দ্ৰশ্বৰ হঁতলৈ উদ্দেশ্যি কয় :-তহঁটি মখাই মালতীক অপকৰ্মত লিপ্ত হোৱা দেখিছিলি নে ?
 চন্দ্ৰশ্বৰ:- নাই দেখা। কিন্তু মালতী বেবেচাৰী, তাই দোষী তাইক ৰাইজে উচিত শাস্তি প্ৰদান কৰক। 
বাহিৰৰ পৰা কেইবাজনেও চিঞৰি ক'লে তাইক শাস্তি দিয়ক ,চৰিত্ৰহীন মানুহৰ আমাৰ সমাজত কোনো স্থান নাই।
         কথাষাৰ শেষ নহওঁঁতেই খেলৰ মূৰব্বীজন (পাঠেক) উঠি গুচি যায়। ৰাইজে মূৰব্বী নোহোৱাকৈ বিচাৰ কৰিব নোৱাৰোঁ বুলি কৈ সকলো ঘৰা-ঘৰি গ'ল।
                     কিছুদিনৰ পিছত আকৌ ভোগেশ্বৰ দত্তই ৰাইজৰ শৰণাপূৰ্ণ হৈ ৰাইজ একত্ৰিত কৰিলে হৰিমন্দিৰত । বিচাৰ আৰম্ভ হ'ল কিন্তু আজিও কোনো ধৰণৰ উচিত বিচাৰ নহ'ল। নিৰাশা মনেৰে ভোগেশ্বৰৰ পৰিয়াল ঘৰমুৱা হ'ল। ভোগেশ্বৰ দত্তই ভগৱানৰ ওপৰত বিশ্বাস ৰাখি দিনেৰাতিয়ে ভগৱানক এটাই প্ৰাৰ্থনা জনায় যে মই যদি সত্য পথত আছোঁ ,আপুনি এদিন নহয় এদিন চকু মেলি চাবই । নামঘৰত ভাগৱত পাতিছে, যদিও এঘৰীয়া ভোগেশ্বৰ পৰিয়ালটো নামঘৰলৈ যাব পৰা নাই। ল'ৰা-ছোৱালীকেইটাই কান্দিছে নামঘৰলৈ যাব নাপায়। কিন্তু ভোগেশ্বৰ নিৰুপাই, হাতভৰি বান্ধি থৈছে ৰাইজে। 
নীলকমল;-(ভোগেশ্বৰ উদ্দেশ্যী)দেউতা আমিও নামঘৰলৈ যাওঁ বলা?
ভোগেশ্বৰ:- বোপাই আমি যাৱ নোৱাৰিম নহয়।ৰাইজে আমাক এঘৰীয়া কৰি থৈছে। আমাৰ ঘৰৰ থাপনাতে চাকি জ্বলাই প্ৰাৰ্থনা কৰ গে যা।ভগৱান চবতে আছে।
নামঘৰৰ ভাগৱত পাঠ শুনিবলৈ যে পাইছোঁ ঘৰতে থাকি, কিমান যে আমাৰ ভাগ্য।
নীলকমল:-দেউতা, ভগৱানে দুখীয়া মানুহক কিয় ইমান কষ্ট দিয়ে ? দেউতা মই পঢ়িশুনি ডাঙৰ মানুহ হ'ম।
ভোগেশ্বৰে পুতেকৰ কথাবোৰ শুনি গ'ল। মুখেৰে এষাৰ কথাও যে ফুটি নাহিল।
নীলকমল:-দেউতা দুখীয়া হোৱাটো পাপ নি? আৰু শুনা লগৰবোৰে মোক জোকাই এঘৰীয়া কৰা মানুহক ভাও গাব নিদিয়ে বুলি। মোৰ মনটো বহুত বেয়া লাগে।
ভোগেশ্বৰ মুখৰ মাত হেৰাল। কি ক'ব ল'ৰাটোক এতিয়া।
উপাইহীন হৈ ধমকি এটা দিলে তহঁতি পঢ়িব গলি নে। মই এচাৰি নলওঁঁতে।
ঠিক সেইদৰে ঊনৈছখন মিটিং মৰাৰ পিছত ভগৱানে পৰিয়ালটোৰ ওপৰত চকু মেলি চালে। বিচাৰ আৰম্ভ হ'ল:-
মুহেধৰ শইকীয়া:-মালতী তোৰ ওপৰত ৰাইজে আকৌ প্ৰমাণ নাপালে, তই নিৰ্দোষী হ'লি। তই এতিয়া পৰিয়ালসহ ৰাইজৰ আগত এশ -এটকা দি আঁঠু ল।
তেনেতে শনিৰাম ,চন্দ্ৰশ্বৰ ,নন্দৰামহঁতে চিঞৰ বাখৰ লগালে। ৰাইজ মালতী নিৰ্দোষী বুলি প্ৰমাণিত নহ'ল যদিও তাই সঁচা যদি নিৰ্দোষী তেনে ভগৱাতত হাত থৈ কথা দিব লাগিব।  মই দোষী নহয় নিৰ্দোষী ,যদি ভগৱানক লুকুৱাই মই মিছা মাতিছোঁ তেনে মোৰ দৃষ্টি শক্তি  নোহোৱা হ'ব। সেইবুলি শপত খাব লাগিব । তেতিয়া হে আমি মানি লম তাই পবিত্ৰ নিৰ্দোষী বুলি। মিছা হ'লে ভগৱানে এনেও চিন দেখাব।
কথামতে মালতীয়ে শপত খালে, "মই যদি কিবা ভুল কৰিছোঁ মোক ভগৱানে দৃষ্টিশক্তি কাঢ়ি চিন দেখুৱাব। এইবুলি শপত লৈ সহ পৰিয়ালে ভগৱন্তৰ চৰণত আঁঠু ললে।
মোৰৰ ওপৰত আকাশ খনে দোষীৰ কলাডাৱৰ আঁতৰাই নিৰ্দোষীৰ পোহৰাই বিলালে ।আনন্দমনে ভোগেশ্বৰৰ পৰিয়াল ঘৰলৈ আহিল।

(তিনি)

তেনেদৰে সুখে-দুখে দিনবোৰ পাৰ হ'ব ধৰিলে এটা এটাকৈ ডাঙৰ ল'ৰা-ছোৱালী মেট্ৰিক পাছ কৰিলে। ডাঙৰ ল'ৰাটো(লাটু) উচ্চতৰ মাধ্যয়মিক পৰীক্ষাত  সুখ্যাতিৰে পাছ কৰি প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰিছে আৰু ছোৱালীজনীয়ে(প্ৰেৰণা) B.Aপাছ কৰি বেংকৰ পৰা লোণলৈ কোচিংচেণ্টাৰ খুলিলে। ভোগেশ্বৰ বৰাৰ আনন্দত সীমা নাই। দৰিদ্ৰতাই ৰাজহাড় বেঁকা কৰা পৰিয়ালটোলে আশাৰ কিৰণ নামিছে। জোনাকী পৰুৱাৰ নিশা আকাশত তৰাৰ সৈতে  আনন্দৰ বুটা বাচিছে।
           ভগৱানো যেন বৰ নিষ্ঠুৰ ,দুখীয়াৰ সুখ বেছি চাই থাকিব নোৱাৰে। জোনাকী পৰুৱাৰ নিশা আকাশত তৰাৰ সৈতে  আনন্দৰ বুটা বচা পৰিয়ালটো লৈ দুখঃৰ পাহাৰখন খহি পৰিলে। 
              ডাঙৰ ল'ৰা লাটুৰ বেমাৰ ,এপিনে পানীবাৰিষা। অহাযোৱা কৰিবলৈ পথ অচল, গাড়ীটো বাদেই খোজেৰে যাবলৈও টান। গধূলিও হৈ আহিছে ল'ৰাটোৰো বেমাৰ হস্পিতেল নিনিলে নহয়। উপায় নাপাই ভোগেশ্বৰে গাঁৱৰে দুইচাৰিজন মানক লৈ নাৱেৰে হস্পিতেলত ভৰ্তি কৰালে। হস্পিতেলত ডাক্তৰ নাই।ৰাতিপুৱা হে আহিব। নাৰ্চে ইঞ্জেকচন দিলে। দুখৰ ৰাতি যে নাযায় নোপোৱাই। মালতী লাটুৰ বিচনাখনতে ধৰি টোপনি গ'ল।
ৰাতিপূৱালে ডাক্তৰ আহি চালেহি। X-ray, ultrasoundৰ লগতে আৰু দুই এটা পৰীক্ষা কৰাব দিলে। আবেলি ডাক্তৰে ৰেপৰ্ট চাই কলে:- আপোনাৰ লৰাৰ জণ্ডিচ হৈছে কেইদিনমান ইয়াত ভৰ্তি কৰাব লাগিব ।
ভোগেশ্বৰ ,মালতী একেলগে:- ছাৰ, আমাৰ ল'ৰাটোক বছাওক, আপোনাৰ ভৰিতেই ধৰিছোঁ।আমি দুখীয়া, পঢ়া শুনা নাইকিয়া মানুহ, আপুনি দয়া কৰি ল'ৰাটোক জীৱন দান দিয়ক।
ডাক্তৰ:- আপোনলোক অধৈৰ্য নহ'ব ,মই যিমানখিনি পাৰো মোৰ ফালৰ পৰা চেষ্টা কৰিম ।বাকী ভগৱানৰ ওপৰত।
মালতী:- চেষ্টা নহয় ছাৰ, ল'ৰাটোক জীৱন দান দিয়ক।
ডাক্তৰ:- ভগৱানৰ ওপৰত বিশ্বাস ৰাখকক ,সকলো ঠিক হৈ যাব।
তিনি সপ্তাহদিন হস্পিতেল ৰখাৰ পিছত ,সুস্থ হৈ লাটু ঘৰৰ পালেহি। আকৌ আগৰ দৰে দিন বাগৰিব ধৰিলে। লাটুও কামৰ ঠাইলৈ গ'ল। 

(চাৰি)

        কিন্তু ভগৱানো যে বৰ নিষ্ঠুৰ । বেমাৰে গৰকা ঘৰখন ভাল দৰে সজীৱ হ'ব নৌপাওঁতেই আকৌ দুখৰ বুজা আহি মূৰত দেও দি নাছিলহি। এইবাৰ সৰু ল'ৰাটোৰ বেমাৰ, পেট বিষ অসহ্য আৰ্ততনাদ। ডাক্তৰক দেখুৱালে। ডাক্তৰে জানিব দিলে যে গল্ডবাল্ডাৰ হৈছে । অপাৰেচন কৰিব লাগিব, তিনিদিনৰ ভিতৰত অপাৰেচন কৰাব লাগিব নহ'লে ল'ৰা বচাব নোৱাৰিব । অপাৰেচনৰ বাবে বহুত টকা পইচাৰ প্ৰয়োজন, তাকো তিনিদিনৰ ভিতৰত। ভোগেশ্বৰে ভায়েক হঁতক সহায় বিচাৰিলে ,কিন্তু কোনেও সহায়ৰ হাত আগ ন'বহালে।
উপাই নাপাই ঘৰৰ গৰু হালৰ লগতে গাই গৰুজনী বিক্ৰী কৰিলে। নীলকমলৰ স্কুলৰ ফালৰ পৰাও ল'ৰা-ছোৱালীবোৰে পইচা তুলি সহায় কৰিলে। ডাঙৰ বোপা লাটুয়েও যিমানখিনি পাৰে দিলে। ভোগেশ্বৰ কেতিয়াও ভাগি পৰা নাছিল। ভগৱানক এটাই কথা কৈছিল "তুমি এই অভাগীৰ পৰীক্ষা লৈছাঁ লোৱা, তুমি যদি সঁচাই আছা এদিন নহয় এদিন মোক চকু মেলি চাবা।" প্ৰভু ভগৱন্তৰ কৃপাত অপাৰেচন সুকলমে হ'ল।
এঘাৰদিন হস্পিতেল কটোৱাৰ পিছত ঘৰৰ আহি পালেহি।
দিন পাৰ হ'ব ধৰিলে এইবাৰ প্ৰভু ভগৱন্তই যেন চকু মেলি চালে। ঘৰৰখন সজীৱ হ'ব ধৰিলে। হেৰুৱাই যোৱা সম্পত্তিবোৰ আকৌ গোতালে।নিজা ববীয়াকে এইবাৰ খেতি মাটি অকণো ললে। সৰু ল'ৰা নীলকমল সুখ্যায়তিৰে স্নাতক ডিগ্ৰী লাভ কৰিলে। তাতকৈ আকৌ দুকুল আনন্দ লাভ কৰিছে । প্ৰেৰণাৰ বিয়া ঠিক হৈছে , ল'ৰাজন হাইস্কুলৰ শিক্ষক। পৰিয়ালটো বৰ ভাল ,ল'ৰাটো আৰু মাক বাপেক ভনীয়েক এজনী আছিলে বিয়া দিলে। অহা ব'হাগত প্ৰেৰণাৰ বিয়া এতিয়াও বিয়ালৈ মাজত চাৰিটা মাহ । মালতীৰ গাত এতিয়াই তত নাই ,কিমান যে কাম, গামোচা লগোৱা ইত্যাদি ইত্যাদি।
        পিছদিনা আকৌ এটা ভাল খবৰ আহিলে। শুক্ল আকাশ ডাৱৰবোৰে ভোগেশ্বৰ পৰিয়ালটোৰ বাবেই যেন  আনন্দৰ পাপৰি বিলাইছে।নীলকমল  আৰক্ষী চকীৰ এছ ,আই পদত নিযুক্তি লাভ কৰিছে।
      হঠাৎ মোবাইলটো ক্ৰিং ক্ৰিং কৈ বাজি উঠিল। উচপখাই উঠাদি উঠি নীলকমল দত্তই ফোনটো ৰেচিভ কৰিলে।
  :-  হেল্ল, নীলকমল স্পীকিং, কোনে ক'লে ?
:- হেল্ল ,ছাৰ মই  বাণীধৰ বৰুৱাই ক'লো। মোৰ কামটো হ'ল নে ছাৰ ?
:- অ' বৰুৱা। আজি এবাৰ আপুনি থানালৈ আহি যাব।
:- হয় ছাৰ। 11মান বজাত যাম ,আপোনাক লগ পাম নে?
:-নিশ্চিয়, পাব।
:- ধন্যবাদ ছাৰ।
ফোনটো কাটি নীলকমল বৰা ভিতৰলৈ সোমাই গ'ল।

নীল প্ৰতিম বৰা
দূৰভাষ ৮০১১৫০৩৩২২


পৃষ্ঠা ৩৭

পৰিসমাপ্তিত, বাজি উঠক এটি বনৰীয়া সুৰ


           আনদিনাৰ দৰে আজিও উদয়াদিত্তই লওঁ নলওঁ কৈ খবৰ কাকতখন হাতত তুলি ল'লে। এনে নহয় যে উদয়াদিত্তই  খবৰ কাকত পঢ়ি বেয়া পায় বা নপঢ়ে। বৰঞ্চ প্ৰতি দিনে খবৰ কাকতখনত চকু নুফুৰালে তেওঁৰ মনটোৱেই ভাল নেলাগে। কিন্তু আজি কেইবা মাহৰ পৰা তেখেতৰ এই খবৰ কাকতবোৰৰ প্ৰতি অনিহা উপজিছে। নুপজিবনো কিয় সদায় সেই একেইবোৰ লেখা হয়-নহয়, ৰাজনীতিৰ খেল, ভূৱা তথ্য। মুঠৰ ওপৰত এটা ভাইৰাছক লৈ সৃষ্টি হোৱা কুৰুক্ষেত্ৰৰ বৰ্ণনা। সদায় বাৰু একেইবোৰ খবৰকে কোনে পঢ়িবলৈ মন কৰিব। সেয়ে উদয়াদিত্তৰো খবৰ কাকতৰ প্ৰতি লাহে লাহে অনিহা উপজিছে। পিছে আজি কাকতখন হাতত লৈ Headlines কেইটাত চকু ফুৰাই উদয়াদিত্ত প্ৰফূল্লিত হৈ উঠিল। আজি কাকতখনত তেনে কোনো বাতৰি প্ৰকাশ হোৱা নাই। কাকতখনত দুই এটা ঋণাত্মক বাতৰি থাকিলেও অধিকাংশই ধনাত্মক বাতৰি। এখন কাকত বুলিলে এনেকোৱাই হ'ব লাগে। পুৱাই ঋণাত্মক কথাবোৰ পঢ়ি দিনটোলৈ মনটো গধূৰ কৰি থোৱাতকৈ এনে ধনাত্মক বাতৰিয়ে মনটো প্ৰফূল্ল কৰি থয়।
          উদয়াদিত্তই বাতৰিখনৰ প্ৰায়বিলাক খবৰতে চকু ফুৰাই স্বস্তিৰ নিশ্বাস পেলাই পত্নী পৰিস্মীতাক চিঞৰিলে।

: পৰী....। কলেজীয়া সফল প্ৰেমৰ অৰ্ধাঙ্গিনী পৰিস্মীতাক উদয়াদিত্তই পৰী বুলিয়ে মাতে।

: গৈছো ৰ'বা । পৰীয়ে ভিতৰৰ পৰা মাত লগলে।

             হাতত চাহ বিস্কুটৰ প্লেটখন লৈ পৰী উদয়াদিত্তৰ কাষতে বহিল। একাপ চাহ আৰু বিস্কুট দুখন তুলি লৈ উদয়াদিত্তই ক'লে " জানা পৰী আজিৰ কাকতখন পঢ়ি বৰ সুখ পালো।"

: হয়নে ? বাৰু কোৱা চোন কিনো এনে সুখৎ খবৰ প্ৰকাশ পাইছে আজিৰ কাকতত ?

: আচলতে কি জানা ; কাকত বুলিলে এনেকোৱাই হ'ব লগে ধনাত্মক বাৰ্তাবাহক। চোৱা চোন বিগত আঠ ন মাহে আমি যিবোৰ বাতৰি পঢ়িলো তাত খুব কম সংখ্যক হে ভাল বাতৰি প্ৰকাশ পাইছিল। বাকী অধিকাংশই কৰ'না বা কৰ'নাৰ লগত সংগতি থকা বাতৰি। অমোকত ইমান, তমোকত সিমান। মৃতকৰ সংখ্যাই লাখৰ ঘৰ পাৰ কৰিলে। চৰকাৰী পক্ষই কয় কৰ'না নিয়ন্ত্ৰণহীন ভাৱে বিয়পি পৰিছে গতিকে ল'কডাউন বঢ়াই দিয়া হৈছে। আকৌ বিপক্ষয় কয় এইয়া ভূৱা প্ৰচাৰ। প্ৰকৃততে কৰ'না হোৱাই নাই। এতিয়া আমি জনসাধাৰণে কি ভাবিম ? কৰ'না অৰ্থাৎ COVID 19 বিয়পিছে নে কৰ'না বুলি একোৱে নাই ? এই দোধোৰ-মোধোৰ অৱস্থাতে আমি বিপদত নপৰিম নে ? এফালে আমাৰ দৈনন্দিন ভাত সাজৰ চিন্তা অন্য ফালে কাকতৰ এনে বাতৰি। এতিয়া কোৱা চোন এই অৱস্থাত বাৰু জনসাধাৰণে এটা সিদ্ধান্তত উপনিত হ'ব পাৰিবনে ? ইয়াৰ উপৰি হত্যা, ধৰ্ষণ, লুণ্ঠন, ইত্যাদিৰ বাতৰিবোৰ আছেই।

: এৰা দেই। বিগত আঠ ন মাহে আমি বৰ যন্ত্ৰণাকাতৰ দিন পাৰ কৰিলো। কমখন হাৰাশাস্তি হ'লনে বাৰু। ঘৰৰ ভিতৰতে সোমাই সোমাই একেবাৰে নিৰস হৈ পৰিছিল জীৱনটো। তাতে আকৌ প্ৰতি পলে পলে বাঢ়ি অহা ভাইৰাছৰ চিন্তাটো আছিলেই। অভাৱ অনাতনে বেৰি ধৰা দুৰ্যোগপূৰ্ণ জীৱনটোত এই বাতৰিবোৰে আৰু অধিক বিষাদাগ্ৰস্ত কৰি তুলিছিল।

: এৰা আমাৰ কাষৰ সেই ধনাই কাইতিৰ অৱস্থা দেখি যে সঁচাকৈ বৰ দুখ লাগিছিল। বেচেৰাৰ ভাল দিনতে দুবেলা দুমুঠি যোগাৰ কৰাটো সাগৰ সিঁচি মাণিক বুটলাৰ দৰে তাতে আকৌ ল'কডাউনে কি যে হাৰাশাস্তি কৰিছিল। 

: এৰা সেই নিত্যানন্দনৰ চি আৰ পিত থকা ল'ৰাটোৱে সেই দিনা চাউলৰ বেগটো দিলেহি বুলিহে। নহ'লে যে কি কৰিলে হেতেন তেওঁ সেই দিনা ঠিক নাই। এফালে ল'ৰাৰ ভোকত কান্দোন আনফাল পানীঢলা আখল। দেহি ঐ ভাবিলেই গাৰ নোম শিয়ৰি উঠে।

: হয় দেই। এই দূৰণিত থকা ল'ৰাবোৰৰো কম শাস্তি হ'লনে বাৰু। য'ৰ ত'ৰ পৰা যেনে তেনে ঘৰলৈ আহিছে আকৌ বাটতে আগুচি বোলে COVID Test কৰা। 14 দিন Quarantine ত থাকা। একেবাৰে অহাবোৰৰ বাৰু যেনতেন। সেই যে সৈনিক চাকৰি কৰা ল'ৰাবোৰ। নিত্যানন্দনৰ পুতেকলৈকে চোৱা। COVID 19 positive বুলি মানুহখনে কম মানসিক অশান্তি দিলেনে। অথচ সেই ল'ৰাটোৱেই ওলাই দুখীয়া কেইঘৰত চাউল, দাইল, তেল আদি বিলাই ফুৰিলে। 

: এৰা অ'। মানুহৰ এই আলৈ-আথানি, লেইলেই-চেইচেই বোৰৰ বাবেই মুম্বাইৰ পৰা কোম্পেনী কাম কৰি অহা আমাৰ গাঁওৰ আদিত্যই আত্মহননৰ পথ বাছি ল'লে।

: এৰা কি যে হৈ গ'ল বিগত বছৰটিত। অনলাইন ক্লাছৰ নামত দুখীয়া পৰিয়ালৰ ল'ৰা-ছোৱালীবোৰৰ ওপৰত কিমান যে মানসিক অত্যাচাৰ চলোৱা হ'ল। দুখীয়া অভিভাবক সকলৰ ওপৰত ভূতৰ ওপৰত দানৱ জপিয়াই পৰিলে। মুঠৰ ওপৰত এটা কালিকা লগা বছৰ আমি পাৰ কৰিলো। পিছে নৱবৰ্ষৰ প্ৰথমৰ পৰাই ক'বাত কেনেবাকৈ COVID 19 second wave ৰ কথা শুনিছোঁ যদিও ক্ৰমাগত ভাৱে সকলো সহজ হৈ আহিছে। স্কুল আদিও খুলিছে, বজাৰ সমাৰো বহিছে। পুনৰ স্বাভাৱিক দিন ঘূৰি আহিছে যেন লাগিছে ।

: এৰা পৰী সেই দিনটোলৈকে আশাৰে বাট চাই আছো। 

:সোনকালে আহক সেই দিন। পিছে আজি দোকান নোখোলাগৈ নেকি ? সময় চোৱা আঠ বাজিলেই। যোৱা যোৱা তুমি গা পা ধুই লোৱাগৈ। মই পাকঘৰত সোমাওঁ। 

           কথাষাৰ কৈ পৰিস্মীতাই চাহৰ কাপ প্লেট আদি সামৰি ভিতৰলৈ সোমাই গ'ল। উদয়াদিত্তই ক্ষন্তেক চকীখনতে বহি ভগৱানক প্ৰাৰ্থনা জনালে। এই   বিষাদপূৰ্ণ দিনবোৰৰ পৰিসমাপ্তি ঘটাই নতুন বছৰে পৃথিৱীৰ বাবে যেন কঢ়িয়াই আনে ন সূৰুযৰ ন ৰেঙনী।।।

বিষাদ ৰঞ্জন বৰবৰা


পৃষ্ঠা ৩৮

শিশু বিশেষঃ

পৰিশ্ৰম আৰু শিশু


কৰ্ম ই ধৰ্ম। মানৱ জীৱনত শ্ৰমৰ গুৰুত্ব অধিক।শ্ৰমৰ জৰিয়তে এজন মানুহ সুস্থ হৈ থাকে। শ্ৰমে মানুহক শাৰিৰীক, মানসিক আৰু আবেগিক ভাবে সবল কৰি ৰখাত সহায় কৰে। প্ৰতিজন মানুহক সক্ৰিয় কৰাৰ ক্ষেত্ৰত কৰ্ম ই প্ৰধান ভূমিকা লয়। কৰ্মহীন জীৱন নিৰস। এক কথাত ক'বলৈ গ'লে কৰ্মৰ চিন্তা নথকা মগজুত চয়তানে বাস কৰে।
    কৰ্মৰ সৰু বৰ নাথাকে। কিন্তু কৰ্মত সততা আৰু নিষ্ঠা থাকিব লাগে। কাৰণ সততাহীন কামে অপকাৰ কৰে। কৰ্ম কৰি খোৱাত কোনো লজ্জা নাথাকে। বৰঞ্চ আত্মসন্মান বাঢ়ে। কৰ্ম ই মানুহক পৰিচয় প্ৰদান কৰে। ব্যক্তি এজনৰ আভ্যন্তৰীণ প্ৰতিভা এটা কৰ্ম ই প্ৰকাশ্য হোৱাত অৰিহণা যোগায়। ব্যক্তিজন কি কামত নিপূৰ্ণ সেয়া তেওঁ কৰা কামৰ জৰিয়তে জগতে জানিব পাৰে আৰু তেওঁ সমাজত নিজৰ সন্মান প্ৰতিষ্ঠা কৰিব পাৰে।
  এটি শিশু দেশৰ ভৱিষ্যত । শিশুসকলৰ হাততে আমাৰ দেশৰ উন্নতি, বিকাশ আৰু সফলতা নিৰ্ভৰ। আজিৰ শিশুৱে এদিন সমাজ তথা দেশৰ অংশ হৈ আমাক আগুৱাই যোৱাত সহায় কৰিব।শিশুকলে ভৱিষ্যতে বিভিন্ন বৃত্তিধাৰী হৈ দেশ পৰিচালনাত সহায় কৰিব। কোনোৱাই সৰু কাম কৰি কোনোবাই ডাঙৰ কাম কৰি বিভিন্ন ক্ষেত্ৰত সহায় আগঢ়াব। এইখিনিতে এটা কথা গুৰুত্বপূৰ্ণ যে শিশু এটিক শ্ৰমৰ প্ৰতি ইতিবাচক মনোভাব শৈশৱৰ পৰা গঢ় দিব পাৰিব লাগিব। শিশুৱে প্ৰতিটো কামকে মৰ্যদা আৰু সন্মান প্ৰদান কৰিবলৈ সৰুৰে পৰা শিকিলেহে নিজেও কামটো কৰিব বিচাৰিব। যদিহে শৈশৱৰ পৰা শিশুৱে সৰু ডাঙৰ কাম বুলি ভেদ কৰিব শিকে তেন্তে ডাঙৰ হৈ তেনে শিশুৱে আত্মসন্মানৰ খাতিৰত সকলো ধৰণৰ কাম কৰি সন্তুষ্টি লাভ কৰিব নোৱাৰিব।নিজৰ লগত মিলাইহে কাম কৰিব বিচাৰিব আৰু সৰু কাম কৰি জীৱন নিৰ্বাহ কৰা সকলক সন্মান দিব নিবিচাৰিব। সেয়েহে শিশুক সৰুৰে পৰা প্ৰতিটো কৰ্মৰ গুৰুত্বতা উপলব্ধি কৰিব পৰা সুবিধা প্ৰদান কৰিব লাগে।
           শিশুক পৰিশ্ৰমৰ মূল্য, পৰিশ্ৰমেই যে উন্নতিৰ মূল চাবিকাঠি আৰু জীৱনৰ চালিকা শক্তি এই খিনি ভালকৈ বুজাত আমি সহায় কৰিব লাগে। পৰিশ্ৰম যে জীৱনৰ সফলতাৰ জখলা এয়া শিশুক নিজে বুজাকৈ পৰিৱেশ আৰু অভ্যাস গঢ় দিব পাৰিব লাগে। শিশুক ঘৰত থকাৰ সময়খিনিত নিজ পিতৃ মাতৃয়ে সাধ্যানুসাৰে দুই এক কাম কৰাৰ অভ্যাস গঢ়ি দিব লাগে। ফুলত পানী দিয়া, শাকনিবাৰীত পানী দিয়া, নিজৰ পঢ়া টেবুলৰ কিতাপ বহী পৰিপাটিকৈ ৰখা, সৰু বাচন ধোৱা, ঘৰ সৰা, নিজৰ কাপোৰ নিজে ধুই লোৱা, ককা আইতাৰ সৰু সৰু যোগান ধৰা আদি সকলোবোৰ কামৰ জৰিয়তে শিশুটোক শ্ৰম কৰাৰ প্ৰতি আগ্ৰহী কৰিব পাৰি। এনে কৰিলে শিশুটোৱে নিজে নিজৰ কাম কৰিবলৈ শিকিব । আমি সকলোৱে বিদ্যালয়ত পঢ়ি থকাৰ সময়ত কিছুমান কাম কৰি আহিছো, যেনে শ্ৰেণীকোঠা পাল পাতি সৰা, সকলো মিলি  বিদ্যালয়ৰ চৌহদ চাফা কৰা, শৌচাগাৰ, প্ৰসাৱগাৰত পানী ভৰোৱা আদি। এই কামবোৰ কৰাৰ বাবেই হয়তো আজি আমি সকলোৱে নিজৰ কাম নিজে কৰি লওঁ।ইয়াৰ উপৰি আমি পৰিষ্কাৰ হৈ থাকিব শিকিলো।গতিকে আমিয়ো আমাৰ সন্তানক সৰুৰে পৰা পৰিশ্ৰমী হোৱাত প্ৰেৰণা যোগাব লাগে। কৰ্ম কৰি খাবলৈ, কৰ্মৰে নিজৰ পৰিচয় গঢ়িবলৈ প্ৰতিটো শিশুকে সহায় কৰো আহক।

ৰাজশ্ৰী বৰা



পৃষ্ঠা ৩৯

গ্ৰন্থ আলোচনাঃ

গ্ৰন্থৰ নামঃ অংক নহয় আতংক


লেখকঃ পংকজ জ্যোতি মহন্ত
প্ৰকাশনঃ সঞ্জীৱন প্ৰকাশন
প্ৰথম প্ৰকাশঃ ছেপ্টেম্বৰ, ২০১৮
মুঠ পৃষ্ঠাঃ ১৪৯
মূল্যঃ ১১০ টকা

অনামিকা বড়া, 
শিক্ষা স্নাতক,
তৃতীয় ষাণ্মাসিক ডিঃবিঃ


গণিতপ্ৰেমীতকৈ গণিতবিদ্বেষীসকলৰ বাবে অধিক প্ৰয়োজনীয় ~ 'অংক নহয় আতংক'


প্ৰাথমিক বিদ্যালয়ৰ সেই নেওতা আওৰোৱা দিনৰ পৰাই সীমিত পাঠ্যক্ৰমৰ মাজৰে কোনো এটা বিষয় আমাৰ বাবে অজানিতে অধিক প্রিয় হৈ পৰে। বিশেষকৈ ৰং-বিৰঙী ছবি থকা, সাধু-কাহিনীৰে ভৰা সাহিত্যখন অথবা সমাজ অধ্যয়নখন। কোনো আকৌ আকৰ্ষিত হয় সাধাৰণ বিজ্ঞানখনৰ প্ৰতি। বিপৰীতে অন্য কোনো বিষয়ৰ প্ৰতি আহি পৰে অনীহা যি অনীহাই অনাগত সময়ত ভয়ংকৰ ৰূপ লয়। বিষয়টো প্ৰিয়-অপ্ৰিয় হৈ পৰাৰ অন্তৰালত সেই সময়ত আভ্যন্তৰীণ বিষয়বস্তুতকৈও ক্ৰিয়া কৰে তাৰ প্ৰতি সমাজ তথা শৈক্ষিক পৰিৱেশে সংৰোপন কৰা ধাৰণাসমূহে। বিষয়সমূহৰ মাজৰ আন্তঃসম্পৰ্কৰ বিষয়ে থকা অসজাগতাইও এই বৈষম্যবোৰ সৃষ্টিত অৰিহণা যোগায়। মন কৰিবলগীয়া এয়ে যে এই বিষয়সমূহৰ ভিতৰত সৰহভাগ শিক্ষাৰ্থীৰ লগতে অভিভাৱকেও আটাইটকৈ দূৰত্ব বজাই ৰাখিব বিচৰা বিষয়টো হৈছে 'গণিত'।'গণিত' বুলিলেই সকলোৰে মুখৰ ৰং যেন সলনি হৈ যায়। এই বিষয়টোৰ প্ৰতি অংকুৰিত বা সংৰোপিত ধাৰণাই মনত ইমান অস্বস্তি আনি দিয়ে যে বিষয়টোৰ প্ৰকৃত সৌন্দৰ্যক অনুধাৱন কৰিবলৈ পোৱাৰ আগতেই মনোজগতত বিচৰণ কৰে অহৰহ নেতিবাচক চিন্তাই।  

অৱশ্যে এনে চিন্তাক সমূলঞ্চে শেষ কৰি  গণিতৰ জ্ঞানেৰে তৃপ্ত  হ'ব পৰা শক্তিও মানুহৰ মন মগজুতে থাকে । ইয়াৰ বাবে মাত্ৰ প্ৰয়োজন ধাৰণাৰ কিছু পৰিবর্তন সাধন কৰা। 'গণিত'ৰ প্ৰতি থকা নেতিবাচক ধাৰণাক সলনি কৰিব পৰা কিতাপৰ বিষয়ে সৰ্বসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যেই এই একলম প্ৰয়াস। 

লিখিবলৈ লোৱা হৈছে একুৰি ছটা অধ্যায় সন্নিৱিষ্ট এখন কিতাপৰ বিষয়ে। প্ৰতিটো প্ৰৱন্ধই গণিত বিষয়ক যদিও গণিতৰ লগত জড়িত নোহোৱা ব্যক্তিৰ বাবেও সহজে বুজি পোৱা আৰু আকৰ্ষণীয়। এই আকৰ্ষণৰ মূল উৎস কিতাপখনৰ শিৰোনাম আৰু পাঠকক বান্ধি ৰাখিব পৰাকৈ ব্যৱহৃত সৰল প্ৰকাশভঙ্গী। গল্প, উপন্যাসৰ কথাটো সুকীয়া, কিন্তু 'গণিত'ৰ দৰে বিষয় এটাৰ কিতাপেও জানো পাঠকক বান্ধি ৰাখিব পাৰে, তাকো যিকোনো শ্ৰেণীৰ পাঠকক? হয় পাৰে। কাৰণ সেইখন যদি ড০ খনীন্দ্ৰ চন্দ্ৰ চৌধুৰীয়ে লিখা 'গণিত এক বিৰক্তিকৰ বিষয় ?',  ড০ ভূপতি চন্দ্ৰ ডেকাৰ 'গণিতৰ কথা' নতুবা ড০ দিলীপ শৰ্মাৰ 'নিৰুপম গণিত'ৰ দৰে এখন সুখপাঠ্য বাহুল্যবৰ্জিত কিতাপ হয় আৰু নামটো হৈ পৰে 'অংক নহয় আতংক', আকৰ্ষণ আপোনা-আপুনি আহি পৰে। যিটো শব্দ শুনিলেই তথাকথিত সমাজে ভয়াৰ্ত দৃষ্টিভংগী নিক্ষেপ কৰে, তাক 'আতংক নহয়' বুলি কোৱাতো কিমান সমীচিন তাকে জানিবলৈ মাত্ৰ এবাৰ 'অংক নহয় আতংক'ৰ পাত লুটিয়ালেই বুজিব পাৰি। 

'আমি সকলোৱে অংক কৰিব লগা হয় কিয়', 'অংক আতংক নহয়', 'কিছুমান ছাত্ৰ-ছাত্ৰীক অংকত চোকা যেন লাগে কিয়' আৰু 'অংকত চোকা হয় কেনেকৈ',এই প্ৰথম চাৰিটা অধ্যায়তেই কিতাপখনৰ উদ্দেশ্য, সাৰমৰ্ম, প্ৰয়োজনীয়তা, গুৰুত্ব প্ৰকাশ পাইছে। ইয়াতে আমাৰ মনত সুপ্ত অথচ ৰিণি ৰিণি বাজি থকা বহু উত্তৰবিহীন প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ প্ৰকাশ কৰিছে লেখকে। পোনে পোনে অংক অৰ্থাৎ গণিতলৈ যোৱাৰ আগতে এনে বিষয়সমূহৰ আলোচনা অতীৱ প্ৰয়োজন।

গণিতৰৰ প্ৰতি থকা ভয় আঁতৰাই কেনেধৰণৰ পথেৰে আগুৱাব লাগে, কেনেকৈ আগুৱাব লাগে এইবোৰ আলোচনা কৰি গণিতৰ ৰোমাঞ্চকৰ ক্ষেত্ৰখনলৈ আকৰ্ষিত কৰিব পৰাকৈ লিখিছে 'অংকৰ আতংক দূৰ কৰিবলৈ কি কৰিবা'।

সেইদৰে 'স্কুলীয়া জীৱনত অংকত সৰহ নম্বৰ পাইয়ো কিছুমানে পাছত কম নম্বৰ পায় কিয়' আৰু 'কেইটামান অতি প্ৰয়োজনীয় অভ্যাস' শীৰ্ষক অধ্যায় দুটিও অতি গুৰুত্বপূৰ্ণ এই কাৰণেই যে ইয়াত গণিতৰ শিক্ষা, প্ৰয়োজনীয়তা তথা বিকাশৰ লগত সমাজ জীৱন, দৈনন্দিন জীৱনৰ প্ৰসংগক সুৰুচিসম্পন্নভাৱে বিশ্লেষণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ কথা বাদেই, আন নহ'লেও সেই দুটি প্ৰৱন্ধ প্ৰতিজন গণিত শিক্ষক আৰু অভিভাৱকে পঢ়াই উচিত। গণিত বিষয়ত কম নম্বৰ লাভ কৰা বাবে অন্যান্য বিজ্ঞান বিষয় অধ্যয়ন কৰাৰ ক্ষেত্ৰত আহি পৰা অসুবিধাৰ কথা সৰু উদাহৰণ দি লেখকে শেষত লেখিছে "অংক যে সকলোতে লাগে সেই সম্পৰ্কে সামান্য সচেতনতা নথকা বাবেই এনেকুৱা হয়।" 

আকৌ এনে কিছুমান বাস্তৱ উদাহৰণ আছে যিবোৰ গাণিতিকভাৱে শুদ্ধ কিন্তু বাস্তৱত সি প্ৰযোজ্য নহয়। কিতাপখনত পঢ়ুৱৈৰ মনত চিন্তাৰ সোঁত বোৱাব পৰা তেনে এটা উদাহৰণ দিছে এক ছেকেণ্ডত ১০৩৬৮০০ জন মানুহে এটা ঘৰ সাজি দিব পৰা বিষয়টো। কি যে আমোদজনক।আৰু এখোজ আগবাঢ়ি ঠিক যেন জৰ্জ বাৰ্ণাড শ্ব'ই কোৱা কথাষাৰৰ দৰে- "বিজ্ঞানীসকলে এটা সমস্যা সমাধান কৰা মানেই নতুন দহটা সমস্যা উদ্ভৱ কৰা।"

এই শব্দ দুটা 'অংক' আৰু 'গণিত', যদিও সমাৰ্থকভাৱে ব্যৱহাৰ হয়,দুয়োটাৰ অৰ্থ কিন্তু সুকীয়া। গণিত বুলিলে বিশাল বিষয়টো বুজোৱাৰ পৰিৱৰ্তে অংক বুলিলে বিভিন্ন সংখ্যাৰ যোগ, বিয়োগ প্ৰভৃতি কৰা কাৰ্যটো বা তেনে কাৰ্যটোক বুজায়। এই বিষয়ে পাতনিতে লেখকে স্পষ্টভাৱে বুজি পোৱাকৈ ব্যাখ্যা আগবঢ়াইছে। লগতে এইবুলিও লিখিছে, "অৱশ্যে মাজে মাজে 'অংক' আৰু 'গণিত' দুয়োটা শব্দৰ অৰ্থ একেই যেন হৈ যায়।... কিতাপখনত 'অংক' বুলি কওঁতে এই 'অংক' আৰু 'গণিত' দুয়োটা প্ৰসংগই মাজে মাজে স্পৰ্শ কৰা হৈছে।"

যি কি নহওক, গণিত বিষয়টোৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক কেৱল আকৰ্ষিত কৰাতে সীমাবদ্ধ নাথাকি লেখকে পৰীক্ষাৰ সহায় হোৱাকৈও সংযোজন কৰিছে কেইটামান বাছকবনিয়া অধ্যায়। সেইকেইটা হৈছে- 'খৰকৈ অংক কৰিবা কেনেকৈ', 'দাঁত ভঙা পচলা', 'অংকত সৰহ নম্বৰ পাবা কেনেকৈ', 'গণিতৰ পৰীক্ষাৰ আগদিনা' আৰু 'পৰীক্ষাহলৰ প্ৰস্তুতি' । এইকেইটাত এনে কিনো আছে যি গণিতৰ দৰে কঠিন (?) বিষয়টোৰ পৰীক্ষাত সহায়ক হ'ব, সেইয়া বেলেগকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন বোধ কৰা নাই।

কেইটামান অধ্যায়ত ছাত্ৰ-ছাত্ৰীৰ গণিতৰ পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত কিছু অতি প্ৰয়োজনীয় বিষয়ৰ সহজ শিক্ষণ পদ্ধতিৰ এক অৱলোকন দাঙি ধৰিছে । 'কেইটামান সংজ্ঞা আৰু উপপাদ্য', 'কেইটামান সংখ্যাৰ একক ধৰ্ম', 'পেমদাস আৰু বদমাছ', 'ঋণাত্মক হৰণ', 'বিভাজ্যতা নিৰ্ণয়ৰ কেইটামান পদ্ধতি আৰু iff', 'ভগ্নাংশৰ লসাগু আৰু গসাউ বা গসাগু', 'লাভ-লোকচান', 'শতাংশ আৰু শতকৰা হাৰ', 'সৰল সুত আৰু মিশ্ৰ সুতৰ অংক', 'পৰিসীমা, কালি, পৃষ্ঠকালি, পাৰ্শ্বীয় কালি আৰু আয়তন নিৰ্ণয়ৰ কেইটামান ফৰ্মূলা', 'অংকৰ ফৰ্মূলা আদি সহজে মনত ৰখাৰ কিটিপ' শীৰ্ষক এঘাৰটি অধ্যায়তে প্ৰদত্ত বিষয়সমূহ শিকোৱাৰ উপস্থাপন শৈলী প্ৰশংসনীয়। ই ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব আৰু আকৰ্ষিত হ'ব পৰাকৈ সৰল আৰু অগতানুগতিক। উদাহৰণস্বৰূপে iff ৰ ধাৰণা দিবলৈ যাওঁঁতে লেখকে লিখিছে, "কিবা এটা কথা প্ৰতিপন্ন কৰিবলৈ কেতিয়াবা এটা চৰ্ত প্ৰয়োজনীয় (necessary) হয় আৰু কেতিয়াবা সেই প্ৰয়োজনীয় চৰ্তটো পৰ্যাপ্ত (sufficient) হৈয়ো যাব পাৰে। প্ৰয়োজনীয় আৰু পৰ্যাপ্ত শব্দ দুটাৰ অৰ্থ এনেকুৱাঃ ধৰা, ভাতকেইটা খাবলৈ তোমাক এখন আঞ্জা লাগে। কেতিয়াবা তোমাক ভাজি এখনো প্ৰয়োজন হয়। গতিকে যদি তোমাক ভাতৰ লগতে ভাজি আৰু আঞ্জা দিয়া হয়, তেন্তে সেয়া তোমাৰ বাবে পৰ্যাপ্ত, তুমি ধুনীয়াকৈ ভাত খাব পাৰিবা, তোমাক আন একো নালাগে।" গণিতৰ অতি প্ৰয়োজনীয় অংশ 'যদি আৰু যদিহে' অৰ্থাৎ 'iff'ৰ ধাৰণা সম্বন্ধে বোধহয় ইমান সৰলভাৱে কোনো পাঠ্যপুথিতে বুজোৱা নাথাকে। প্ৰকৃততে ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত পঢ়াওঁঁতে শিক্ষকে গণিতৰ এই দিশসমূহ বাস্তৱ জীৱনৰ উদাহৰণ দি দি তদ্ৰুপ বুজাব লাগে। তেতিয়া সৰলৰ পৰা আৰম্ভ কৰি জটিল গাণিতিক প্ৰক্ৰিয়াসমূহ অনায়াসে আয়ত্ত কৰাত ছাত্ৰ-ছাত্ৰীৰ অসুবিধা নহয়। সেইধৰণে শিক্ষা লাভ কৰিলে সহজে পাহৰাও নাযায়। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি ৰচনা কৰা কিতাপখন প্ৰতিজন গণিতৰ শিক্ষকৰ বাবেও শিক্ষণৰ আৰ্হিপুথি হ'ব পাৰে, বিশেষকৈ বিদ্যালয় পৰ্যায়ৰ বাবে। 

শেষৰফালে থকা 'বয়স, জন্মৰ তাৰিখ,বাৰ আদি উলিওৱাৰ নিয়ম', 'অংকৰ যাদু আৰু কেইটামান ৰহস্যপূৰ্ণ সংখ্যা' আৰু 'বৈদিক গণিত' শীৰ্ষক অধ্যায় তিনিটা কেৱল গণিতৰ ক্ষেত্ৰত জড়িত বুলি নহয়, যিকোনো শ্ৰেণীৰ পাঠকৰ বাবেই সুখপাঠ্য। গণিতৰ মনোৰম জগতখনৰ লক্ষ লক্ষ সৌন্দৰ্যময় খেল-যাদুৰ পৰা কেইটামান বছা বছা উদাহৰণেৰে সজাই তোলা অধ্যায় তিনিটা পঢ়িলে গণিত বেয়া পোৱা অথবা ভয় কৰা মানুহেও হাতত কলম-কাগজ লৈ এবাৰ নবহি নোৱাৰিব। লেখকৰ অপূৰ্ব প্ৰকাশশৈলী, সহজবোধ্য ভাষা তথা জ্ঞানৰ বিস্তৃতিৰ শলাগ ল'বই লাগিব।

উল্লেখযোগ্য যে এনে এখন গণিতৰ কিতাপ যদি বিদ্যালয় পৰ্যায়ত দ্ৰতপাঠ হিচাপে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে আৰু শিক্ষকেও সেইদৰে যথোপযুক্তভাৱে শিক্ষা-দানত হেমাহি নকৰে, তেন্তে 'গণিত ভয় লাগে', 'কাইলৈ যে গণিতৰ পৰীক্ষা আছে!', 'ছায়েন্স কেনেকৈ ল'ম ! অংকত নম্বৰ উঠাবই নোৱাৰো', 'কি ? তুমি গণিতত মেজৰ লৈছা! ৱাহ' ইত্যাদি ধৰণৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সমাজত ক্ষতিকাৰক বতাহ বিয়পোৱা মন্তব্যবোৰৰ পৰা উঠি অহা প্ৰজন্ম নিশ্চিতভাৱে মুক্তি পাব বুলি ক'ব পাৰি। 

অসমীয়া ভাষাত গণিতৰ এনে এখন পুথিৰ অভাৱ বহুদিনৰ পৰাই অনুভৱ কৰা হৈছিল। কিতাপখন আশা কৰাতকৈ অধিক সাৱলীলভাৱে ৰচনা কৰি উলিওৱাৰ বাবে লেখক পংকজ জ্যোতি মহন্তৰ ওচৰত পঢ়ুৱৈ হিচাপে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নক'লে নহ'ব যে এই কৃতজ্ঞতাৰ সমানেই ধন্যবাদৰ অংশীদাৰ সঞ্জীৱন প্ৰকাশনৰ প্ৰকাশক প্ৰীতিমা কৌশিক বৰুৱা, কাৰণ পাতনিতে লেখকে লিখিছে,"এইখন কিতাপৰ কথা মই কেতিয়াও ভাবি চোৱা নাছিলোঁ। কিতাপখনৰ চিন্তাটো জগোৱা বাবে শান্তনু কৌশিক বৰুৱাদালৈ আৰু প্ৰকাশক  প্ৰীতিমা কৌশিক বৰুৱা বৌলৈ শ্ৰদ্ধা আৰু ধন্যবাদ যাচিলোঁ।"

পুনঃশ্চ - অসমীয়াত এষাৰ কথা আছে, "সোণত সুৱগা চৰা।" আলোচ্য কিতাপখনতো এনে এটা সুন্দৰ, অগতানুগতিক দিশ চকুত পৰে যি কিতাপখন সোণত সুৱগা চৰোৱাৰ দৰে কৰি তুলিছে। সেইটো হ'ল মাজে মাজে ৰৈ যোৱা উকা অংশসমূহ গণিতবিষয়ক উক্তি, গণিতজ্ঞৰ বাণী, আমোদজনক ঘটনা আদি মনোৰম তথ্যৰে চিত্ৰ সম্বলিত কৰি পূৰ্ণ কৰি তোলাটো। নামেই যাৰ 'অংক নহয় আতংক',সেই কিতাপৰ বেটুপাত সহিতে ভিতৰৰ পাতবোৰো যদি অগতানুগতিকভাৱে আকৰ্ষণীয় হয়, তেন্তে 'অংক'লৈ থকা 'আতংক' দূৰ নহৈ পাৰেনে? বিশ্বাস হোৱা নাই যদি এবাৰ মাত্ৰ কিতাপখন পঢ়ি চাওঁক। মোৰ বিশ্বাস, আপুনি নিৰাশ নহ'ব।


পৃষ্ঠা ৪০

নৱবৰ্ষ বিশেষঃ

স্বাগতম-২০২১


সময় গতিশীল পুৰণি সময়বোৰ বিদায় দি এতিয়া নতুনক আদৰাৰ সময়। তাতে শীতৰ মালিতা, শীতেও আমাক স্পৰ্শ কৰিছে চৌপাশ জীপাল কৰি। নতুনৰ দিনবোৰ আদৰাৰ যো-জা চলাইছে সকলোৱে। ২০২১ বৰ্ষটোৱে নতুন সোণোৱালী সময় এখিনি কঢ়িয়াই আনিব বুলি আশা ৰাখিলো। সকলোৰে শাৰীৰিক আৰু মানসিক শ্ৰীবৃদ্ধি আৰু সমৃদ্ধিশালী কঢ়িয়াই আনক। নতুনবৰ্ষতে আৰম্ভ হয় কণমানিহঁতৰ শিক্ষাবৰ্ষ। ২০২০ বৰ্ষত সকলো শিক্ষাৰ্থীৰে শিক্ষা জীৱনত অলপ হলেও আউল লাগিছিল। নতুন সময় খিনিয়ে শিক্ষাৰ্থীৰ জীৱনলৈ কঢ়িয়াই আনক নতুন আশা। নতুন শ্ৰেণীত নতুন কিতাপ, নতুন বেগ লোৱাৰ আশাত টগবগায় থাকে কণমানিহঁতৰ মন। আনহাতে, আন বহু শিশুৱে পঢ়াশালিৰ চোতালত প্ৰথম খোজটি দিয়ে শীতৰ ভৰপক নৱবৰ্ষৰ কোনো এটি শুভ ক্ষণতে। আৰম্ভ হয় তেওঁলোকৰ লগতে আই-পিতাকৰ সপোনৰ যাত্ৰা। নতুন বছৰত প্ৰকৃতিৰ সান্নিধ্যত এখন্তেক জিৰণি ল'বলৈ প্ৰাত্যহিক জীৱনৰ ব্যস্ততাক একাষৰীয়া কৰি মানুহবোৰ দৌৰি যায় বনভোজ খাবলৈ। তাতে শীতৰ বতৰ নানা সুস্বাদু পাচলিৰো বতৰ। এই পাচলিয়ে প্ৰত্যেকৰে আখল ভৰাই তোলাৰ লগতে আন বহুতৰ উপাৰ্জনৰো উৎস হৈ পৰে। মানৱ জাতিলৈ নতুন বছৰ আৰু প্ৰকৃতিয়ে শুভ বাৰ্তা কঢ়িয়াই আনক। প্ৰতিটো বছৰে দি যায় জীৱনৰ সুখ দুখৰ বহু অভিজ্ঞতা, দুখ আছে বাবেই সুখৰ গুৰুত্ব বেছি, জীৱন ধুনীয়াতকৈও ধুনীয়া হওঁক।

পল্লৱী বড়া 
ঠিকনা-২নং ৰঙাগড়া গাঁঁও
জিলা- ডিব্ৰুগড়(অসম)
পিন- 786602
ফোন নং- 8011928911


পৃষ্ঠা ৪১

শেষ পৃষ্ঠাৰ লেখাঃ

ফাগুন আৰু ফাকুৱা 


ফাগুন আহি ঋতুৰ দুৱাৰত টোকৰ মৰাৰ লগে লগে শীতৰ জাৰে লঠঙা কৰা বৃক্ষৰ শুকান ডালবোৰত জুই লাগে আৰু বিয়পি পৰে হাবি-বননি, অৰণ্য সকলোতে তেজ ৰঙা জুই। বসন্ত বুলিলে যেনেকৈ কপৌ ফুলৰ কথা মনলৈ আহে নাইবা শৰৎ আহিলে যেনেকৈ শেৱালী ফুলৰ সুগন্ধ নাকত লাগে, ঠিক সেইদৰে মদাৰক বাদ দি ফাগুনৰ কথা ভাবিবই নোৱাৰি। ফাগুনৰ লগত মদাৰৰ এৰাব নোৱাৰা নিবিড় সম্পৰ্ক। সেয়ে গালে মুখে ৰং সানি পূৰ্ণ যৌৱনা গাভৰুৰ দৰে জকমক হৈ সাজি-কাচি মদাৰে ফাগুনক আদৰিবলৈ সাজু হয়। ফাগুন আহে বৰদৈচিলা হৈ। আউলি-বাউলি চুলিৰে ধুমুহাৰ গতিত প্ৰৱেশ কৰা বৰদৈচিলাই গছ-গছনিৰ বনপাত সৰুৱাই লঠঙা কৰি তোলে।

এই প্ৰকৃতিৰ সৈতে মানুহৰ মনৰো এৰাব নোৱাৰা এক ঘনিষ্ঠতা আছে। মানুহৰ মনবোৰ এই পৰিৱেশত ৰিঙা ৰিঙা লাগে আৰু ফাগুনে এই মনটোক উতনুৱা কৰি মন-প্ৰাণক উগুল-থুগুল কৰে। মৰম আকলুৱাসকলৰ হৃদয়ে হৃদয়ে প্ৰেমানুভূতি জগাই উতলা কৰি তোলে প্ৰেমিকৰ হৃদয়কাশ। সঁচাকৈ অবুজ হৃদয়ত লাগে অচিনাকি নিচা আৰু এই নিচাই অচিনাকিক চিনাকি কৰে ফাগুনে। নতুন নতুন অনুভৱৰে মিতিৰালি পাতি মনত মহাপ্ৰয়োভৰে আৱিৰ সানে পলাশ আৰু মদাৰৰ প্ৰস্ফুটিত ৰঙেৰে। প্ৰিয়জনে প্ৰিয়জনক ৰং সানিবলৈ যে ‘কত’ কল্পনা কৰে। ৰঙা, নীলা, গুলপীয়া আদি ৰঙেৰে লুতুৰি-পুতুৰি হোৱা আনন্দৰ ৰঙৰ উৎসৱ ফাকুৱাই মানুহৰ মানসিক দুখ আঁতৰাবলৈ, উৰুঙা উৰুঙা লগা মনক ৰঙাই তুলিবলৈ যেন সঞ্জীৱনী সুধা হৈ আহে। আৰু এই ফাগুনে কঢ়িয়াই অনা এই অনবদ্য উপহাৰে পুৰুষ মহিলা, ডেকা-গাভৰু উভয়ৰে মন পুলকিত কৰি মতলীয়া কৰে। মনলৈ কঢ়িয়াই আনে অনাবিল সুকীয়া উন্মাদনা। আকাশে-বতাহে উৰি ফুৰে পলাশ-শিমলুৰ সুবাস। ঠিক এনেকুৱা সময়তে আগমন হয় ফাকুৱা বা হোলী উৎসৱ।ভাৰতীয় পৌৰাণিক শাস্ত্ৰমতে পৰম বৈষ্ণৱ ভক্ত প্ৰহ্লাদৰ পিতৃ দৈত্যৰাজ হিৰন্যকশিপুৰ “হোলিকা” নামেৰে নৰমাংসভোজী এজনী ভগ্নী আছিল। নৰমাংস ভক্ষণ কৰিবলৈ নাপালে তাই চিঞৰ বাখৰ কৰি মানুহক অত্যাচাৰ কৰিছিল। প্ৰজাসকলে তাইৰ অত্যাচাৰ উৎপীড়নৰ পৰা ৰক্ষা পাবলৈ প্ৰতিদিনেই এজন মানুহ মাৰি সেই মানুহজনৰ মাংস হোলীকাক ভক্ষণ কৰিবলৈ দিব ধৰিলে। তাই তৃপ্ত হ’ল। প্ৰজাসকলে তাইৰ এই নিষ্ঠুৰতাৰ বিৰুদ্ধে ভিতৰি ভিতৰি গুজৰি গুমৰি আছিল যদিও ৰজাৰ ৰোষত পৰিব বুলি ভাবি প্ৰতিবাদ কৰিবলৈ ভয় কৰিছিল। কিন্তু সকলো অপকৰ্মৰে এটা সীমা থাকে আৰু মানুহৰ ধৈৰ্যৰো এটা সীমা থাকে। প্ৰজাসকলে গোপনে এক আলোচনাত মিলিত হৈ “হোলিকা”ক কেনেকৈ বধ কৰা যায় তাৰেই উপায় উলিয়ালে। এদিন সকলো প্ৰজা একত্ৰিত হৈ নিশাৰ ভাগত নিশাচাৰী “হোলিকা”ক বধ কৰিলে। দিনটো আছিল ফাল্গুনী পূৰ্ণিমাৰ আগদিনা শুক্লা চতুৰ্দশী তিথি। প্ৰজাসকলে তাইৰ মৃতদেহটো দাহ কৰি পিছদিনা পূৰ্ণিমা তিথিত “হোলিকা”ৰ নিষ্ঠুৰতাৰ পৰা মুক্তি পোৱাৰ আনন্দত উৎসৱ পাতিলে। সেই উৎসৱৰ নাম দিলে “হোলিকা” দহন উৎসৱ। আনহাতে বিষ্ণু পুৰাণৰ মতে- নিজকে ভগৱান বুলি প্ৰচাৰ কৰা দৈত্যৰাজ হিৰন্যকশিপু আছিল বিষ্ণুদ্বেষী। তেওঁৰ পুত্ৰ প্ৰহ্লাদ আছিল পৰম বিষ্ণুভক্ত। সেই অপৰাধৰ বাবে হিৰন্যকশিপুৱে ভক্ত প্ৰহ্লাদৰ ওপৰত অকথ্য নিৰ্যাতন চলায়ো কোনো ফল নধৰাত পুত্ৰ প্ৰহ্লাদক প্ৰানদণ্ডৰ আদেশ দিলে। পৰ্বতৰ ওপৰৰ পৰা পেলাই দি, বিষাক্ত সৰ্পৰ মুখত নিক্ষেপ কৰি, হাতীৰে গচকায়ো প্ৰহ্লাদক মাৰিব নোৱাৰি ৰজাৰ ভগ্নী “হোলিকা”ক প্ৰহ্লাদক পুৰি মাৰিবলৈ আদেশ দিছিল। “হোলিকা”ই যাদুবিদ্যাৰ বলত অগ্নিকুণ্ডৰ মাজত থাকিব পাৰিছিল। অগ্নিয়ে তাইক পুৰি মাৰিব নোৱাৰিছিল। তাই এটা বিৰাট অগ্নিকুণ্ড জ্বলাই প্ৰহ্লাদক নিজৰ কোলাত বহুৱাই লৈ অগ্নিকুণ্ডত প্ৰৱেশ কৰিলে। প্ৰহ্লাদে নিশ্চিতমনে মাথোঁ ভগৱানৰ নাম ল’বলৈ ধৰিলে। ঈশ্বৰৰ নামৰ মহিমাই “হোলিকা”ৰ যাদুবিদ্যাৰ প্ৰভাৱ নোহোৱা কৰিলে। প্ৰহ্লাদৰ নোম এডালো অগ্নিয়ে স্পৰ্শ নকৰিলে। “হোলিকাৰ” মৃত্যুত বিষ্ণুভক্তসকলে ভগৱানক প্ৰাৰ্থনা কৰি তেওঁঁৰ যশ-গুণ-কীৰ্তনেৰে আনন্দ উৎসৱ পাতিলে। হোলিকা জুইত জাহ যোৱা দিনটোও আছিল ফাল্গুনী পূৰ্ণিমাৰ আগদিনাৰ দিনটো। গীত মাত গাই আনন্দ কৰা দিনটোও আছিল ফাল্গুনী পূৰ্ণিমা তিথি। তেতিয়াৰ পৰাই সেই পূৰ্ণিমা তিথিত পতা আনন্দ উৎসৱটো হোলিকা দহন উৎসৱ ৰূপে প্ৰচলিত হ’ল। পৰৱৰ্তী কালত এই উৎসৱৰ নামৰ কিছু সলনি হৈ “হোলী” উৎসৱ হৈ পৰিল। আজিও উত্তৰ ভাৰতৰ কোনো ঠাইত হোলিকাৰ পুত্তলিকা সাজি দহন কৰাৰ পৰম্পৰা প্ৰচলিত। ফাগুন মাহৰ পুৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদ্‌যাপন কৰা প্ৰধান উৎসৱ হৈছে ফাকুৱা । ফাকুৱাক দৌলোৎসৱ, ফল্গোৎসৱ, ফাগুৱা, ফাকু মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায় । সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গোৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় । এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক অনুষংগিক উৎসৱ । ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা ফাকুৱা উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে ।

ফাকুৱাৰ প্ৰথম দিনা 'হলিকা দহন' বা 'সৰুহোলি' আৰু দ্বিতীয় দিনা 'ৰঙৰ ফাকুৱা' বুলি কোৱা হয় । এই উৎসৱ হিন্দু ধৰ্মৰ লোকসকলৰ বাহিৰেও অন্য দেশত বাস কৰা বিভিন্ন ধৰ্মালম্বীৰ লোকসকলেও অতি উলহ মালহেৰে পালন কৰে । অসমৰ সত্ৰ বৰদোৱা ,বৰপেটা আদিত হোলীক 'দৌলোত্‍সৱ' বুলি পালন কৰি অহা হৈছে ।এই দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয় । দৌলোত্‍সৱৰ প্ৰথম দিনটোক 'গোন্ধযাত্ৰা' বোলা হয় । সেই দিনটোত গায়ন-বায়নেৰ সতে কৃষ্ণ গোসাঁইক কীর্তনঘৰৰ পৰা উলিয়াই আনি সত্ৰৰ চোতালৰ 'বৰশৰাই'ত সংস্থাপন কৰা হয় । আগতেই নল-খাগৰিৰে তৈয়াৰ কৰি ৰখা মেজিত জুই জ্বলাই ঢোল ,খোল ,উৰুলি ,কীর্তন আদি আনন্দমুখৰ পৰিৱেশত গোঁসাইক মেজিৰ চাৰিওফালে সাত পাক ঘূৰোৱা হয় । ইয়াক মেজি পুওঁৱা প্ৰথা বুলি কোৱা হয় আৰু ইয়াৰ পাছতেই গোঁসাইক 'যোগমোহন' ঘৰত ৰখা হয় আৰু পাছত দৌললৈ নিয়া হয় । ভক্তসকলে দৌলত গোঁসাইক কুমকুম ,ফাকু আদি সানে । আৰু সেইদিনা নিশালৈ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ভাওনা ,যাত্ৰা ,ঘোষা-কীর্তন আদি অনুষ্ঠিত কৰা হয় ।এই দিনটোক 'ভৰ দেউল' বুলি কোৱা হয় । আৰু পাছৰ দিনা আবাল-বৃদ্ধ-বনিতাসকল লগ হৈ আনন্দ-উত্‍সৱৰ মাজেৰে গোঁসাইক ঘুনুচা সত্ৰলৈ নি আকৌ বৰপেটা সত্ৰলৈ ঘূৰাই আনে । এই দিনটোক কোৱা হয় 'সুৱেৰী' । প্ৰতি বছৰৰ ফাগুনী পূর্ণিমাত উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো অতি উলহ-মালহেৰে আৰু পৰম্পৰাগত নীতি-নিয়মেৰে দৌলোত্‍সৱ পালন কৰা হয় । ইয়াতো বৰদোৱাৰ আর্হিতেই দৌলোত্‍সৱ পালন কৰা হয় । পূর্ণিমাৰ আগদিনাখন চাৰিডাল ভলুকা বাঁহ দৌলৰ চাৰিওকোণত পুতি তাত তিনিখন চন্দ্ৰতাপ আঁৰি দিয়া হয় । আন এডাল জাতি বাঁহ দৌলৰ বাওঁহাতে পুতি কলচি বান্ধি দিয়া হয় । এইডালক 'ধর্মধ্বজা' বোলা হয় । পৰম্পৰাগত নিয়ম অনুসৰি দৌলগোবিন্দ মন্দিৰত পাঁচদিনীয়াকৈ দৌলোত্‍সৱ উদযাপন কৰা হয় । উত্‍সৱৰ শেষৰদিনা পুৱাৰপৰাই ডেকা-গাভৰু ,মুনীহ-তিৰোতা আদি সকলোৰে দেহ-মন ৰঙীন ,চঞ্চল হৈ পৰে । হোলীগীতেৰে চৌদিশ মুখৰিত কৰি সকলোৱে হাতে হাতে ৰঙৰ আবিৰ ফাকুগুড়ি লৈ হোলী খেলিবলৈ আৰম্ভ কৰে । এই দৌলগোবিন্দ মন্দিৰৰ দৌলোত্‍সৱ কিমান চনৰপৰা পালন কৰি অহা হৈছে ,সেয়া সঠিকভাৱে কোৱা টান যদিও ইংৰাজৰ অধীনলৈ অসমখন যোৱাৰ আগৰেপৰা ইয়াত দৌলোত্‍সৱ পালন কৰি আহিছে বুলি জনা যায় ।

যি কি নহওক ,ৰঙৰ প্ৰাচুর্য্যই এই ফাকুৱা উত্‍সৱৰ মূল বিশেষত্ব । ফাকুৱাৰ অতিকৈ গুৰুত্বপূর্ণ বস্তুটোৱেই হৈছে ফাকুগুড়ি । অতীজত হোলী উত্‍সৱত ব্যৱহাৰ কৰা ৰঙৰ সংখ্যা আছিল সীমিত আৰু সেইবিলাক আছিল প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা । প্ৰাকৃতিক ৰংবোৰ তেওঁলোকে গছৰ পাত ,ফুল ,ফল ,শিপা আদিৰ পৰা সংগ্ৰহ কৰিছিল । বিশেষকৈ মহুৱা ফুল ,জবা ,অপৰাজিতা ফুল ,জেতুকা ,নীলু, শিমলু ,পলাশ ,ফলগু ,জাৰথ গছৰ গুটি আদিৰ পৰাই ফাকুৰ ৰংবোৰ সংগ্ৰহ কৰিছিল । কিন্তু বর্তমান এই প্ৰাকৃতিক ৰংবোৰৰ ব্যৱহাৰ প্ৰায় নাইকীয়া হ'ল বুলি ক'ব পাৰি । এই প্ৰাকৃতিক ৰংবিলাকে ছালৰ সৌন্দৰ্য্যবর্ধনৰ লগতে ৰোগ নিৰাময়তো সহায় কৰিছিল । কিন্তু বর্তমানৰ ফাকুগুড়িসমূহ ৰাসায়নিক উপায়েৰে তৈয়াৰ কৰা ,যি ছালৰ বাবে অত্যন্ত অপকাৰী । বর্তমান ব্যৱহাৰ কৰা ৰাসায়নিক ৰংবোৰৰ পৰা মানুহৰ বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগ হ'ব পাৰে বুলি বিজ্ঞানীসকলে প্ৰমাণ কৰিছে । কাৰণ ফাকুগুড়ি ,পানী ৰং বা পেষ্টজাতীয় ৰংবোৰ মানুহৰ শৰীৰত সানিলে ছালৰ মাজেৰে শৰীৰত প্ৰৱেশ ঘটে । এই ৰাসায়নিক ৰংবোৰ এনেয়েও ক্ষতিকাৰক তাতে আকৌ বিভিন্ন ৰংৰ ফাকুগুড়িত মিহলোৱা হয় ছিলিকা গুড়ি ,এছবেষ্টছ আদি । এই দুয়োবিধ দ্ৰব্যই শৰীৰৰ প্ৰচুৰ ক্ষতিসাধন কৰে । এই ৰাসায়নিক ৰংবিলাকৰ পৰা মানুহৰ শ্বাসৰোগ ,ছালৰ ৰোগ ,এলার্জি ,চকু উখহা ,বৃক্ক বিকল হোৱা ,বুদ্ধিহীনতা ,মানসিক ৰোগ আনকি কর্কটৰ দৰে ৰোগো হ'ব পাৰে । এই ৰাসায়নিক ৰঙৰ ব্যৱহাৰ বন্ধ কৰিব পৰা যাব যদিহে গছৰ পাত ,ফুল ,ফল ,শিপা আদিৰ পৰা পুণৰ প্ৰাকৃতিক ৰং প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰিব পৰা যায় ।লগতে ৰাসায়নিক ৰঙৰ পৰা সৃষ্টি হোৱা বিভিন্ন ৰোগৰ পৰাও মানুহ ৰক্ষা পৰিব । যিহেতু প্ৰাকৃতিক ৰংবোৰ মানুহৰ ছালৰ বাবে যথেষ্ট উপকাৰী লগতে ঔষধি গুণসম্পন্ন ।

শেষত ,আমি যি ৰঙেৰেই ফাকুৱা বা হোলী নেখেলো লাগিলে এই ফাকুৱা উত্‍সৱ কেৱল বসন্তৰ ৰং-আনন্দ তথা ধর্মীয় উত্‍সৱেই নহয় ,ফাকুৱা বা হোলী উত্‍সৱ শান্তি ,সম্প্ৰীতি ,সমৃদ্ধি আৰু মহামিলনৰো উত্‍সৱ । সমাজলৈ ভাতৃত্ববোধৰ ভাৱনা কঢ়িয়াই আনে এই ফাকুৱা উত্‍সৱে । ফাগুনৰ পচোৱাই দেহ-মন উতলা কৰি নিয়া এই ক্ষণতে ৰঙেৰে ৰাঙলী কৰি তোলক সকলোকে এই ফাকুৱা উত্‍সৱৰ ৰঙেৰে আৰু ফাকুগুড়ি ছটিয়াই  প্ৰেম-প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাবনাৰে ইজনে-সিজনৰ স'তে বান্ধ খাই পৰক ৷

পৰিণীতা কলিতা
সহঃ সম্পাদক
অঙ্গন


পৃষ্ঠা ৪২

আৰ্ট গেলাৰীঃ


মিছ অনিমা মজিদ
গুৱাহাটী


পৃষ্ঠা ৪৩



Post a Comment

0 Comments