পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ
নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 আগষ্ট 2021
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।
×××××××××××××××××××××××××××××××××××
ফলাফল ঘোষণা
সমূহ পাঠকলৈ অঙ্গনৰ পৰিয়ালে শ্ৰদ্ধা জনালো। বিগত ১-১৫ জুলাই সংখ্যাত অনুষ্ঠিত কৰা কবিতা পাঠ প্ৰতিযোগিতাৰ ফলাফল আজি আমি ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। সৰ্ব প্ৰথমে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতিজন প্ৰতিযোগীলৈ অঙ্গনৰ পৰিয়ালে ধন্যবাদ জনালো তথা বিজয়ী প্ৰতিযোগী সকৰক অভিনন্দন জ্ঞাপন কৰিলোঁ।
'অঙ্গন ' আলোচনীৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা কবিতা পাঠ প্ৰতিযোগিতাৰ ফলাফলসমূহ ---
প্ৰথম স্থানঃ মৌচুমী গগৈ
দ্বিতীয় স্থানঃ ভাস্বতী বৈশ্য
তৃতীয় স্থানঃ পৰিস্মীতা বৰদলৈ
পৃষ্ঠাঃ ৩
বিশেষ ঘোষণা
অঙ্গনৰ শুভাকাংক্ষী, পাঠক বৃন্দলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অঙ্গন ই-আলোচনীৰ উদ্যোগত এইবাৰ গল্প প্ৰতিযোগিতা আয়োজন কৰা হৈছে। সেয়ে আগ্ৰহী গল্পকাৰ সকলক তেওঁলোকৰ গল্পসমূহ উল্লেখিত নম্বৰত পঠিয়াবলৈ অনুৰোধ জনালোঁ।
এই প্ৰতিযোগিতাৰ নিয়মাৱলীঃ
১) গল্প সমূহ শুদ্ধকৈ অসমীয়াত টাইপ কৰি আমালৈ পঠিয়াব লাগিব ৷ গল্প প্ৰেৰণৰ বাবে প্ৰয়োজনীয় হোৱাটচএপ নম্বৰ ঃ 91275 64124
২) গল্পসমূহত বানান শুদ্ধ হোৱাতো একান্তই বাঞ্ছনীয়।
৩) এজন প্ৰতি়যোগীয়ে এটাহে গল্প প্ৰেৰণ কৰিব পাৰিব ৷
৪) পূৰ্বে অন্য কোনো ধৰণৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা গল্প এই প্ৰতিযোগিতাত গ্ৰহণ কৰা নহ'ব। একেদৰে ইতিপূৰ্বে কোনো ধৰণৰ সামাজিক মাধ্যমত প্ৰকাশিত গল্প এই প্ৰতিযোগিতাত ধৰা নহয় ৷
৫) গল্পৰ লগত প্ৰতিযোগীয়ে নিজৰ নাম, সম্পূৰ্ণ ঠিকনা আৰু ফোন নম্বৰ তথা একপিকৈ ফটো প্ৰেৰণ কৰিব লাগিব।
৬) প্ৰতিযোগীয়ে যিকোনো বিষয়ৰ সম্পৰ্কত স্বৰচিত গল্প এই প্ৰতিযোগিতালৈ প্ৰেৰণ কৰিব পাৰিব।
৭) এই প্ৰতিযোগীতাৰ প্ৰতিটো গল্প আমাৰ ৱেব পেজত উপলব্ধ হ'ব। গল্পসমূহ প্ৰতিযোগীয়ে বিভিন্ন সামাজিক মাধ্যমত চেয়াৰ কৰিব পাৰিব। উল্লেখ্য যে বিচাৰকৰ পৰা প্ৰতিজন প্ৰতিযোগীলৈ ৬০ শতাংশ নম্বৰ থাকিব, আনহাতে সৰ্বোচ্চ পঢ়ুৱৈৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ৪০ শতাংশ নম্বৰ থাকিব।
৮) গল্পসমূহ জমা দিয়াৰ অন্তিম তাৰিখ ১৪ আগষ্ট ২০২১। ১৬ আগষ্ট তাৰিখে দিনৰ ১০ বজাৰ পৰা প্ৰতিযোগীয়ে নিজৰ নিজৰ গল্পসমূহ আমাৰ ৱেবপেজৰ পৰা চেয়াৰ কৰিব পাৰিব। এই প্ৰতিযোগিতাৰ ফলাফল আগন্তুক ১ ছেপ্টেম্বৰ তাৰিখৰ অঙ্গনত প্ৰকাশ পাব।
৯) বিজয়ী তিনিজনলৈ অঙ্গন আলোচনীৰ তৰফ পৰা মানপত্ৰ প্ৰেৰণ কৰা হ'ব।
১০) সম্পাদনা সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব ৷
ধন্যবাদেৰে
সম্পাদনা সমিতি অঙ্গন।
পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-১০
ধাৰাবাহিক : পৃষ্ঠা ১১-১২
অণুগল্প : পৃষ্ঠা ১৩
এক মিনিটৰ গল্প : পৃষ্ঠা ১৪-১৫
অনুবাদ কবিতা : পৃষ্ঠা ১৬
কবিতা : পৃষ্ঠা ১৭-৩২
অনুভৱ : পৃষ্ঠা ৩৩-৩৪
শিশু বিশেষ : পৃষ্ঠা ৩৫
ভ্ৰমণ কাহিনী : পৃষ্ঠা ৩৬
নীলা খামৰ চিঠি : পৃষ্ঠা ৩৭
গ্ৰন্থ পৰ্যালোচনা : পৃষ্ঠা ৩৮
ৰেচিপি : পৃষ্ঠা ৩৯
আপদীয়া পদ্য : পৃষ্ঠা ৪০
গল্প : পৃষ্ঠা ৪১-৪৪
আৰ্ট গেলাৰী : পৃষ্ঠা ৪৫
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৬
পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ বিতুমণি বড়া, শিৱসাগৰ, মেটেকা।
ফটো:- মানসজ্যোতি দত্ত।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।
পৃষ্ঠা ৬
সম্পাদকীয়ঃ
মাজুলী
মাজুলী; যি হাজাৰজনৰ হৃদয়ত স্পন্দিত এটি সুমধুৰ নাম। মাজুলী মানেই চিৰসেউজ এটি অপূৰ্ব নদীদ্বীপ , যাৰ আতিথ্যত আপুনি স্বতঃস্ফুৰ্তভাৱে সুখী নহৈ নোৱাৰে। এই অপূৰ্ব মাজুলীলৈ প্ৰতিবছৰে লাখ লাখ পৰ্যটক ভ্ৰমণৰ বাবে আহে। অতীজৰে পৰা মাজুলীৰ ৰাস, পালনাম, সত্ৰসমূহৰ সৌন্দৰ্য, মুকলি পথাৰ, চৰ-চাপৰি, নৈ-বিল, ব্ৰহ্মপুত্ৰৰ মনোৰম দৃশ্য আদিৰ লগতে মাজুলীবাসীৰ সহজ-সৰল ব্যৱহাৰে বিশ্ববাসীক বিমুগ্ধ কৰি আহিছে।
তথ্য অনুসৰি জানিব পৰা যায় যে, মাজুলীয়ে নদীদ্বীপৰ আকাৰ লোৱাৰ বহু আগতেই দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখণ্ডক মজালি বা মাজালি বোলা হৈছিল। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে 'মাজুলী' নামটিৰ সন্ধি ভাঙি দেখুৱাইছে এনেদৰে- মা+জুলী= মাজুলী। ইয়াত 'মা' শব্দটিয়ে 'মা লক্ষ্মী' আৰু 'জুলী' শব্দটিয়ে 'জোলোঙা/ভঁৰাল' বুজাইছে বুলি উল্লেখ কৰিছে। দৰাচলতে এসময়ত মাজুলী শস্যে-মৎস্যে নদন-বদন আছিল বাবেই বোধহয় ইয়াক মা লক্ষ্মীৰ জোলোঙা বা ভঁৰাল বুলি অভিহিত কৰা হৈছিল। সময়ৰ সোঁতত মাজুলী ঠাইখন অৱস্থানভেদে বহু পৰিমাণে সাল-সলনি হোৱা পৰিলক্ষিত হ'ল। যি মাজুলীৰ এসময়ত ভৌগোলিক মাটিকালিৰ পৰিমাণ ১২৫০ বৰ্গ কিলোমিটাৰ আছিল, বৰ্তমান সেয়া ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ বাবে সংকুচিত হৈ আহি ২০১২ চনত ইয়াৰ পৰিমাণ ৫০৮.১৩ বৰ্গ কিলোমিটাৰ হৈ পৰিছে।
বানপানীৰ লগতে মাজুলীৰ আন এক উল্লেখযোগ্য সমস্যা হৈছে গৰা খহনীয়া। এক কথাত ক'বলৈ গ'লে প্ৰতিদিনেই ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত মাজুলীৰ ভূখণ্ড চপৰা-চপৰকৈ খহি আছে অথচ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সৰ্বোচ্চ শিখৰত উপনীত হোৱাৰ সময়তো আজিকোপতি এই সমস্যাৰ কোনোধৰণৰ স্থায়ী সমাধান উলিয়াবলৈ সক্ষম হোৱা নাই। মাজুলীত এনে এচাম লোকে বাস কৰি আহিছে, য'ত বানপানী আৰু খহনীয়াৰ বাবে তেওঁলোকৰ স্থায়ী ঠিকনা নাইকিয়া হৈ পৰে। নৈখনে যিদৰে বিচাৰে সেইদৰেই তেওঁলোকে ঠিকনা সলাবলৈ বাধ্য হৈ পৰে। বহুসংখ্যক লোক আজিও মথাউৰিৰ পাৰতেই বাস কৰে, যাৰ ফলত তেওঁলোকৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ লগতে খাদ্য, বাসস্থান,অৰ্থ আদি সকলো দিশতে সমস্যাই গা কৰি উঠিছে। ২০১৬ চনৰ ২৭ জুন তাৰিখে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীক জিলা হিচাপে ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন 'নদীদ্বীপ জিলা' হিচাপে পৰিগণিত হয়। পূৰ্বতে মাজুলী যোৰহাট জিলাৰ এটা মহকুমা আছিল। উল্লেখযোগ্য যে বৰ্তমান মাজুলীক ভালপোৱা প্ৰতিজন ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হৈছে মাজুলী-যোৰহাট সংযোগী দলং। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ৯২৫ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই দলংখন পায় পাঁচ বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আৰু এই লৈ আমি যথেষ্ট আশাবাদী হৈছোঁ। কাৰণ এই দলংখনৰ লগতে জড়িত হৈ আছে মাজুলীবাসীৰ আবেগ আৰু এক নৱ্য আশাৰ ভৱিষ্যত।
মাজুলীৰ জনজীৱনৰ লগত একাত্ম হৈ থকা একমাত্ৰ নৈখন হৈছে টুনী শুকান সুঁতি। এই টুনী নৈৰ পাৰতেই মাজুলীৰ বহু লোকে তেওঁলোকৰ শৈশৱ-কৈশোৰৰ দিন পাৰ কৰিছে। নৈখনৰ লগত জড়িত হৈ আছে বহুতৰে সোণসেৰীয়া অতীত। কিন্তু পৰিতাপৰ বিষয় যে, এই নৈখনৰ উৎস অংশত মথাউৰি নিৰ্মাণ কৰা বাবে ইয়াৰ বোৱঁতী সুঁতি বন্ধ হৈ পৰিছে। এই বোৱঁতী সুঁতি বন্ধ হৈ পৰাৰ ফলত বছৰ বছৰ ধৰি নৈখনৰ মাজত গেদ জমা হৈ পিতনিৰ সৃষ্টি হৈছে। এনেদৰে মাজুলীৰ ভিতৰ অংশৰ পানী আৱদ্ধ হৈ পৰাত বিভিন্ন স্থানত জলাহ, পিতনি আদিৰ সৃষ্টি হ'ল। ইয়াৰ পৰিণতিত এনে প্ৰদূষিত পানীৰ বাবে নৈপৰীয়া অঞ্চলৰ লোকসকলৰ শৰীৰত নানা ৰোগে দেখা দিবলৈ ধৰিলে। বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বশীলতাত মৃতপ্ৰায় এই টুনী নৈখন উদ্ধাৰ হ'লে মাজুলীয়ে হেৰুৱা ঐতিহ্য ঘূৰাই পাব যেন অনুমান হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে পৰ্যটনস্থলী হিচাপে বিশ্ব দৰবাৰত মাজুলীৰ এক সুকীয়া স্থান আছে। মাজুলীৰ ৰাসত বিদেশী পৰ্যটকে অভিনয় কৰাৰে পৰা আৰম্ভ কৰি বহু পৰ্যটকে মাজুলীত দীৰ্ঘদিন থাকি বিদায় থাকি বিদায় লোৱাৰ পৰত সকলোকে কন্দুৱাই যোৱা দৃশ্যও আমি বাতৰি কাকতত পঢ়াৰ লগতে সংবাদ মাধ্যমতো দেখিবলৈ পাওঁ। মাজুলীৰ জনজাতীয় লোকসকলৰ খাদ্য সম্ভাৰে বহুতকে আজিও আকৰ্ষিত কৰে। মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প পৃথিৱী বিখ্যাত। কিন্তু ইয়াৰ পিছতো এনে লাগে যেন মাজুলীয়ে আজিও পৰ্যটনস্থলী হিচাপে সময়ৰ সৈতে ফেৰ মাৰিব পৰা নাই। প্ৰাকৃতিকভাৱে মাজুলী অতিকৈ চহকী হোৱা স্বত্বেও চৰকাৰ তথা পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ অদূৰদৰ্শীতাৰ বাবে হয়তো এনে হোৱাটো সম্ভৱ হৈছে। আশা ৰাখিছোঁ, সময়ৰ গতিত মাজুলীৰ পৰ্যটন ক্ষেত্ৰ সকলোৰে চকুত লগা হৈ পৰে যেন।
শেষত পাঠকসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত মাজুলীয়ে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপৰ সন্মান লাভ কৰাৰ পাছতে মাজুলী হৈ পৰিছে অসম তথা অসমীয়াৰ বাবে এটি স্বাভিমান। আমি যিকোনো মূল্যৰ বিনিময়ত মাজুলীক গৰা খহনীয়া, বানপানী তথা হাজাৰ সমস্যাক প্ৰতিৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলাব লাগিব। তেতিয়াহে আমি অসমীয়া হিচাপে মাজুলীক লৈ গৌৰৱবোধৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ'ম।
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 9678696861
পৃষ্ঠা ৭
প্ৰৱন্ধঃ
চুতীয়া ৰাজ্য
(দ্বিতীয় খণ্ড)
প্ৰণৱ ফুকন, নতুন দিল্লী
১৩৮০ খ্ৰী:ত চুতুফাৰ ভাতৃ ত্যাওখাম্থি ৰজা হৈ বৰকুঁৱৰীৰ হাতত ৰাজ্যৰ দায়িত্ব দি ভাতৃহন্তা চুতীয়া ৰজাক এশিকনি দিবলৈ চুতীয়া ৰাজ্য আক্ৰমন কৰে ৷ চুতীয়া ৰজা এই ৰণত পৰাজিত হয় আৰু জনবল তথা ধনবলৰ বিস্তৰ ক্ষতি স্বীকাৰ কৰিব লগীয়া হ’ল ৷ কিন্তু ত্যাওখামথিয়ে চুতীয়া ৰাজ্য দখল কৰি নিজ ৰাজ্যৰ ভিতৰুৱা কৰাৰ সুযোগ গ্ৰহণ নকৰিলে ৷ আনহাতে তেওঁৰ নিজ সংসাৰতো বেমেজালিৰ সৃষ্টি হয় ৷ তেওঁৰ বৰকুঁৱৰী নি:সন্তান আছিল; কিন্তু তেওঁ যুঁজলৈ যাবৰ সময়ত সৰু কুঁৱৰী গৰ্ভৱতী আছিল ৷ ভৱিষ্যত বিপদৰ শংকা কৰি বৰকুঁৱৰীয়ে বুঢ়াগোঁহাইক দায়িত্ব দিয়ে সৰু কুঁৱৰীক হত্যা কৰাবলৈ ৷ গৰ্ভৱতী কুঁৱৰীক বুঢ়াগোঁহায়ে হত্যা নকৰি দিহিং নদীত নাৱেৰে এৰি দিয়ে ৷ এজন ব্ৰহ্মণে গৰ্ভৱতী কুঁৱৰীক পাই আনি ঘৰত প্ৰতিপাল কৰাত সৰু কুঁৱৰীয়ে এটি পুত্ৰ সন্তান জন্ম দি মৃত্যুমুখত পৰে ৷ পাছত এই সন্তানটি চুদাংফা বা বামুণী কোঁৱৰ নামেৰে আহোম ৰাজপাটত বহে ৷
পৰবৰ্তী এক শতিকাৰো অধিক কাল আহোম আৰু চুতীয়া দুয়ো ৰাজ্যৰ মাজত শান্তিপূৰ্ণ সহ-অৱস্থানৰ কাল আছিল ৷ ১৫০০ চনত চুতীয়া ৰাজ্যৰ সিংহাসনত বহে ধৰ্মধ্বজপাল ওৰফে ধীৰনাৰায়ণ ৷ ১৫১৩ খ্ৰীঃত আহোম ৰজা চুহুংমুঙে আক্ৰমণ কৰাত চুতীয়া ৰজাই সন্ধি কৰে ৷ ১৫২০ চনত চুতীয়া সকলে সন্ধি কৰি মুংখ্ৰাং পুনৰ নিজ দখললৈ আনে ৷ পাছত চেঁচামুখৰ ৰণত চুতীয়াসকল পৰাজিত হয় ৷ তিফাও নৈৰ মোহনাত আহোম সেনাই গড় বান্ধে; এই গড় পাছলৈ ডিব্ৰুগড় নামে জনাজাত হয় ৷
ধীৰনাৰায়ণৰ এগৰাকীয়েই জীয়েক আছিল ৷ অনেক পূজা-অৰ্চনা, সেৱা-সৎকাৰ আৰু সাধনাৰ ফলত জন্ম হোৱাৰ বাবে কন্যাৰ নাম ৰখা হয় সাধনী ৷ ভাটী বয়সত ৰজাৰ এক পুত্ৰ সন্তানো জন্ম হয়, নাম ৰখা হয় সাধক নাৰায়ণ ৷ ১৫২২ চনত সাধনী প্ৰাপ্তবয়স্কা হোৱাত ৰজাই জীয়েকৰ বাবে যোগ্য বৰ বিচাৰি সয়ম্বৰ পাতে ৷ বহুতো ৰজা-মহাৰজা, ৰাজকোঁৱৰে এই সয়ম্বৰত ভাগ ল'বলৈ আহে ৷ সয়ম্বৰৰ পণ ৰখা হ’ল এটা কেৰ্কেটুৱাক শৰেৰে বিদ্ধ কৰা; যিহেতু পশুটি একে ঠাইতে নাথাকি দৌৰি ফুৰিছিল, গতিকে এজনৰ পাছত এজনকৈ সকলো পাণিপ্ৰাৰ্থীয়েই বিফল হ’ল ৷ নিতাই নামৰ এজন গৰখীয়া ল’ৰাই দূৰৰ পৰা সয়ম্বৰৰ কাৰ্য্যসূচী নিৰীক্ষণ কৰি আছিল ৷ এইবাৰ তেওঁ আগবাঢ়ি আহি তূণৰ পৰা শৰ উলিয়াই নিজৰ ধনুত জুৰি শৰ এৰি দিলে ৷ সকলোকে হতভম্ব কৰি শৰে কেৰ্কেটুৱাৰ শৰীৰ বিদ্ধ কৰিলে ৷ কোনো আপত্তি নকৰি আৰু সয়ম্বৰৰ সৰ্ত্ত অনুসৰি সাধনীয়ে নিতাইৰ ডিঙিত বৰমালা পিন্ধাই দিয়ে আৰু ধৰ্মধ্বজপালে দুয়োৰে বিয়া পাতি নিতাইক ৰাজপ্ৰাসাদলৈ আদৰি আনে ৷ ১৫২২ চনত ৰজাই ইহলীলা সম্বৰণ কৰে ৷ সাধক তেতিয়া একেবাৰে সৰু ল’ৰা ৷ গতিকে নিতাইক নিত্যপাল নাম দি সিংহাসনত বহুওৱা হয় ৷ ৰাজকীয় কোনো কামেই নিত্যপালে নাজানিছিল ৷ তদুপৰি দায়িত্বশীল পদবিলাকত নিজৰ বিশ্বাসী কিছু অদক্ষ লোকক নিয়োগ কৰাত সম্ভ্ৰান্ত চুতীয়া লোকসকল ক্ষুন্ন হয় ৷
সেই সময়ত আহোম স্বৰ্গদেউ আছিল অতি পৰাক্ৰমী আৰু বুদ্ধিমত্তাৰ গৰাকী চুহুংমুঙ ৷ নিত্যপালে সামান্য সীমা বিবাদতে ১৫২৩ চনত আহোম ৰাজ্য আক্ৰমন কৰি পৰাজিত হৈ সন্ধিৰ প্ৰস্তাৱ দিলে ৷ নিত্যপালে ৰূপৰ জাপিকে ধৰি অনেক বস্তু দি সন্ধি কৰিব খুজিলে ৷ কিন্তু চুহুংমুঙে জনালে যে কুবেৰ প্ৰদত্ত সম্পদ দিলেহে সন্ধি কৰা হ’ব ৷ চুতীয়াসকলে চুহুংমুঙৰ সৰ্ত্ত নাকচ কৰে ৷ ফলত আহোম সেনাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে ৷ ডিব্ৰুমুখৰ যুদ্ধত আহোম সেনাই চুতীয়া সেনাক পিছ হুহকাবলৈ সমৰ্থ হয় ৷ ইয়াৰ পাছত জংমুংখামত হোৱা যুদ্ধতো চুতীয়া সেনা পৰাজিত হোৱাত নিত্যপাল আৰু সাধনীয়ে বহু সৈন্যেৰে সৈতে চন্দনগিৰি পৰ্বতত উঠিলগৈ ৷ আহোম সেনা পৰ্বতত বগাব খোজাত চুতীয়া সেনাই ওপৰৰ পৰা ডাঙৰ-ডাঙৰ শিল বগৰাই দিয়াত বহুতো আহোম সেনাৰ মৃত্যু হ’ল আৰু আহোম সেনা উভটিবলৈ বাধ্য হ’ল ৷ এইবাৰ আহোম সেনাপতি ফ্ৰাচেংমুং বৰগোঁহায়ে এক অভিনৱ পন্থা গ্ৰহণ কৰে ৷ তেওঁ কিছুমান সেনাক ঘিলাগছত উঠি ঢোল বজাবলৈ দিলে ৷ ঢোলৰ মাত শুনি চুতীয়া সেনাই সেয়া বিজয়ৰ চিন বুলি ধৰি ল’লে; তাতে সেইদিনা আছিল ব’হাগৰ সাতবিহুৰ দিন ৷ গতিকে আনন্দত চুতীয়া সেনা ওলাই আহি নাঁচিবলৈ ধৰিলে ৷ সেই সুবিধাতে আহোম সেনাই চুতীয়া সেনাক আক্ৰমণ কৰি বধ কৰে ৷ চুতীয়াসকল পৰাজিত হ’ল ৷ নিত্যপালৰ শৰীৰত কাঁড় লগাত তেঁৱো যুদ্ধত পৰিল ৷ চুতীয়াসকল যুদ্ধত পৰাজিত হোৱাত সাধনীয়ে চন্দনগিৰি পাহাৰৰ পৰা জপিয়াই আত্মহত্যা কৰে ৷ চুতীয়া ৰাজ্যৰ শুভঙ্কৰ সোণৰ মেকুৰীটো, ঢাল-তৰোৱাল আদিও সাধনীয়ে লগত লৈ যায় ৷ সাধনীৰ শৰীৰ আৰু সোণৰ মেকুৰীটো কেতিয়াও বিচাৰি পোৱা নগ’ল ৷ চুতীয়া ৰাজ্যৰ পৰা অধিকাৰ কৰা সমগ্ৰ অঞ্চলৰ প্ৰশাসনৰ বাবে স্বৰ্গদেউ চুহুংমুঙে শদিয়াখোৱা গোঁহাই নামেৰে এক নতুন পদবীৰ সৃষ্টি কৰি ফ্ৰাচেংমুং বৰগোহাঁইক এই পদত নিয়োজিত কৰে ৷ নাবালক সাধকক মাটি-বাৰী আৰু বাৰ ঘৰ চুতীয়া মানুহেৰে কলিয়াবৰৰ পৰা পশ্চিমে সংস্থাপিত কৰা হয় ৷ এইদৰে চুতীয়া ৰাজ্যৰ বেলি মাৰ যায় ৷
চুতীয়া ৰাজ্যৰ পৰা অধিকাৰ কৰা বস্তুৰ তালিকা দিয়া হৈছে এইদৰে: “হস্তী প্ৰাপ্ত ২৭, ঘোঁৰা ১০০, হিলৈ ১০০০, নৌকা ৭০০, প্ৰজা, ধন, ধান্য অপৰ্যন্ত লেখা নাই ৷ ম’হ ১০০, দৈৱজ্ঞ, ব্ৰাহ্মণ, তাঁতী, সোণাৰী, কমাৰ, চমাৰ, ধোবা, নাপিত, খনিকৰ, দণ্ড-ছত্ৰ, কেঁকোৰা দোলা, চৰানাও, বৰচা ইত্যাদি আহিলা” ৷ (শদিয়া: শৰত ফুকন) ৷ “হিলৈ"ৰ উল্লেখ প্ৰথম বাৰৰ বাবে শদিয়াৰ ক্ষেত্ৰতে দেখা পোৱা যায়। বুৰঞ্জী সমূহৰ অনুসৰি এই অস্ত্ৰ চুতীয়া ৰাজ্যৰ পতনৰ পাছত শদিয়াৰ পৰা শিৱসাগৰ অনা হৈছিল। আহোম স্বৰ্গদেউ চুখাম্ফা ওৰফে খোৰা ৰজাৰ দিনত (১৫৫২-১৬০৩) প্ৰথম বাৰৰ বাবে চুতীয়া লোকক নিযুক্তি দি হিলৈদাৰী ফৈদ গঠন কৰা হৈছিল।
চুতীয়া ৰাজ্য সভ্যতা-সংস্কৃতিৰ দিশত আগবঢ়া আছিল ৷ শিল্প-কলাৰ পৃষ্ঠপোষকতাৰ বাবে ৰজাসকল জনাজাত আছিল ৷ সম্ভ্ৰান্ত চুতীয়া সকলে হিন্দু ধৰ্ম গ্ৰহণ কৰি ভাৰতীয় সংস্কৃতিক সাৱটি লৈছিল ৷ চুতীয়াসকলে হিন্দুৰ শাক্তবাদত বিশ্বাস কৰিছিল আৰু দেৱীৰ এক আদিম ৰূপ কেঁচাইখাইতী তেওঁলোকৰ আৰাধ্যা গোঁসানী আছিল ৷ দেৱীৰ মন্দিৰৰ ছালখন তামেৰে নিৰ্মাণ কৰাৰ বাবে এই দেৱীক তাম্ৰেশ্বৰী বা তামেশ্বৰী নামেৰেও জনা গৈছিল ৷ এই মন্দিৰত মানুহ বলি দিয়াৰ প্ৰথা আছিল ৷ সপ্তদশ শতিকাৰ অষ্টম দশকত আহোম ৰাজ্যত অৰাজকাই দেখা দিয়াত দেউৰীসকলে এই মন্দিৰত নৰ বলি দি দেৱীক সন্তুষ্ট কৰাৰ পৰামৰ্শ দিয়ে ৷ সেইমতে লালুকসোলা বৰফুকনে নগঞা ভোটাই ডেকাক বলি দিয়াৰ কথা থিৰাং কৰিছিল; পাছে ভোটায়ে গম পাই ৰাতিতে লালুকসোলাক হত্যা কৰে ৷ অষ্টাদশ শতিকাত স্বৰ্গদেউ গৌৰীনাথ সিংহই এই প্ৰথা বন্ধ কৰায় ৷ এই মন্দিৰৰ তত্ত্বাৱধান আজিও দেউৰী চুতীয়া সকলেই কৰে ৷ দেউৰীসকলৰ মতে ধাতু তাম্ৰেশ্বৰী মন্দিৰত নৰ বলি বন্ধ কৰাৰ বাবেই আহোম ৰাজ্যৰ পতন হ’ল ৷
দেউৰী- চুতীয়া পুৰোহিতসকলে তেওঁলোকৰ চাৰিশালৰ পৰা ফুল-পানীৰ নিৰ্মালি সাত বিহুৰ পাছত তামৰ কলহত আনি প্ৰতি বছৰে স্বৰ্গদেউৰ ঘৰত তংলতি পাতেৰে পানী ছটিয়াই ঘৰ শুচি কৰি চাৰিও কলহৰ পানী স্বৰ্গদেউৰ মূৰত ঢালি মঙ্গল কামনা কৰিছিল ৷ কিন্তু স্বৰ্গদেউ ৰূদ্ৰ সিংহই এবাৰ সেই পানী এটা পুখুৰীত ঢালি দিবলৈ ক’লে ৷ সেই কথাত অপমানিত বোধ কৰি দেউৰী সকলে মন্ত্ৰোচ্চাৰণ কৰি ফুল-পানী পুখুৰীত ঢালি দিয়াত পানী পাৰ ভাঙি জুৰি বৈ গৈ ব্ৰহ্মপুত্ৰত পৰেগৈ ৷ তেতিয়াৰ পৰা এই জানৰ নাম ফুল-পানী ছিগা হ’ল ৷
দেউৰীসকলৰ বিষয়ে এটা প্ৰবাদ উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ ৷ কোনো এজন আহোম স্বৰ্গদেউৰ দিনত এটা পুখুৰীত মছন্দৰী নামৰ অপদেৱতাই মঙ্গল আৰু শনিবাৰে দেখা দিয়ে ৷ ব্ৰাহ্মণ, দৈৱজ্ঞসকলে ক’লে যে কেৱল দেউৰী সকলেহে মছন্দৰী ধৰিব পাৰিব ৷ সেই সময়তে শদিয়াৰ পৰা ফুল-পানী অনা দেউৰীসকলক স্বৰ্গদেৱে সেই প্ৰকাৰে নিৰ্দেশ দিয়াত চাৰিও দেউৰীয়ে তিনি-চাৰি দিন আৰাধনা কৰাত পৰমেশ্বৰে সপোনত ক’লে যে পুৱা চাৰিও দেউৰীয়ে গা ধুই পৰিষ্কাৰ বস্ত্ৰ পিন্ধি চাৰি দিশৰ পৰা মন্ত্ৰ গাই পুখুৰীত নামিলে মছন্দৰী ওলাই আহিব ৷ কাৰ্য্যত সেয়ে হ’ল আৰু সৃষ্টি হ’ল এটা প্ৰবাদৰ: "শদিয়াৰ দেউৰীৰ আগত কিহৰ মছন্দৰী" ৷ এতিয়াও অতি নিপুণজনক সৰু কথাত প্ৰত্যাহ্বান জনালে এই বাক্য ব্যৱহাৰ কৰা হয় ৷
যুদ্ধবিদ্যাতো চুতীয়া সকল নিপুন আছিল; তেওঁলোকে হিলৈ ব্যৱহাৰ কৰিব জানিছিল ৷ আহোম-চুতীয়াৰ যুদ্ধত আহোম সেনাই ধনু-কাঁড় লৈহে যুদ্ধ কৰিছিল ৷ অতৰ্কিত আক্ৰমণৰ বাবে হয়তো চুতীয়াসকলে আহোম সেনাৰ বিৰুদ্ধে হিলৈ ব্যৱহাৰ কৰাৰ সুচল নাপালে ৷ চুতীয়া সকলৰ ৰণ নিপুণতাৰ আন এক প্ৰমাণ পোৱা যায় যেতিয়া স্বৰ্গদেউ প্ৰতাপ সিংহই বৰফুকন পদবীৰ সৃষ্টি কৰি লাঙী পানীসিয়া নামৰ এজন সম্ভ্ৰান্ত চুতীয়াক এই পদত মকৰল কৰে ৷ চুতীয়াসকলৰ স্থানান্তৰণ আৰু অন্যান্য জনগোষ্ঠীৰ লগত বিবাহ সূত্ৰে মিত্ৰতা স্থাপনৰ ফলত আহোম চুতীয়া আৰু বৰাহী চুতীয়া উপভাগৰ সৃষ্টি হয় ৷ যিসকল চুতীয়াই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল, তেওঁলোক সুকীয়া হৈ থাকে ৷ অৱশ্যে কালক্ৰমত এই ভাগবোৰ বিলীন হৈ কেৱল চুতীয়া নামেৰে জনাজাত হ’ল ৷ একমাত্ৰ দেউৰী চুতীয়া সকলেহে নিজৰ স্বকীয় চিনাকি বজাই ৰাখে ৷
চুতীয়া ৰাজ্যৰ অধিগ্ৰহণ আহোম ৰাজ্যৰ বাবে অতি ফলপ্ৰসূ আছিল; কাৰণ চুতীয়া ৰাজ্য শিল্প- কলা, ভাস্কৰ্য্য- স্থাপত্যৰ ক্ষেত্ৰত আগবঢ়া আছিল ৷ শিল্পী- ভাস্কৰ- স্থপতিসকলৰ যথাযথ সংস্থাপনৰ ফলত সমগ্ৰ অসমতে এইসকলৰ প্ৰতিভা বিয়পি পৰে ৷ চুতীয়াসকল অসমীয়া জাতিৰ অভিন্ন অঙ্গ হৈ জাতিটোক শক্তিশালী কৰি তোলে ৷ সেই বাবেই সতী সাধনী কেৱল চুতীয়াৰ অনুপ্ৰেৰণাৰ উৎস নহৈ সমষ্ট জাতিটোৰে হৈ পৰে; সেই বাবেই প্ৰতি বছৰে ২১ এপ্ৰিল তাৰিখে সতী সাধনী দিৱস পালন কৰা হয় ৷
সহায়ক গ্ৰন্থপঞ্জী:
১)A History of Assam : Sir E.A. Gait
২)অসমৰ বুৰঞ্জী : পদ্মনাথ গোহাঞিবৰুৱা
৩)অসমৰ সংক্ষিপ্ত ইতিহাস: ডঃ তচদ্দুক আমানুল হুছেইন
৪) শদিয়া : শৰত ফুকন
৫) শদিয়াৰ ইতিহাস: অজন্তা বুঢ়াগোঁহাই
৬) আহোমৰ দিন: হিতেশ্বৰ বৰবৰুৱা
৭) ইতিহাসে সোঁৱৰা ছশটা বছৰ: সৰ্বানন্দ ৰাজকুমাৰ
(ইয়াৰ বাহিৰেও আমি চুতীয়াসকলৰ বিষয়ে কোনো কোনো লেখকৰ লেখাত পোৱা কিছু কথাৰ বাস্তৱ সত্যতা নিৰূপণ কৰাত আমি ব্যৰ্থ হ’লোঁ আৰু বিচাৰ বিজ্ঞজনৰ ওপৰত এৰিলোঁ।
১)উত্তৰ পূৰ্বাঞ্চলকে ধৰি দক্ষিণ- পূব এছিয়াৰ সকলো ঠাইতে জাপি ব্যৱহাৰ কৰা হয়। কিন্তু ৰাজকীয় সম্পদ হিচাপে জাপি ব্যৱহাৰ কৰা চুতীয়া সকলেই প্ৰথম ৷
২) মুগাৰ কাপোৰৰ ব্যৱহাৰো চুতীয়া সকলেই প্ৰথম কৰিছিল বুলি ভৱাৰ থল আছে ৷)
পৃষ্ঠা ৮
খনাৰ বচনত খেতি
অজয় বৰুৱা,
দৰং, 9707830427
কৃষি প্রধান অসমীয়া জাতিয়ে দিন-বাৰ চোৱা-চিতা কৰি বা খনাৰ বচন অনুসৰি কৃষি কার্যত ব্রতি হয়।খেতি-বাতি আৰম্ভণি কৰা দিন, পথাৰত হাল জুৰিবলৈ চোৱা শুভদিন, কোন দিশৰ পৰা হাল বাব, অমাবশ্যা, পূর্ণিমাৰ ক্ষণ, ধান ৰোৱাৰ সময়, কি খেতিৰ বাবে কিমান হাল বাব লাগে আদি সকলোবোৰ খনাৰ বচনত আছে। কেইটামান খনাৰ বচন তলত দিয়া হ'ল,,
" বতৰ চাই কঠীয়া পেলাবা
"বুঢ়াই থেৰাই দু হালি বাবা।।"
(১) কি খেতিৰ বাবে কিমান চাহ হাল বাব লাগে ?
ক)"ষোল্ল চাষে মূলা, তাৰ আধা তুলা।
তাৰ আধা ধান, বিনা চাষে পাণ।।"
খ)"আউশ(আহুধান) ধানেৰ চাষ, লাগে তিনি মাস।"
গ)"বাধে আগে আলি, ৰোও থবে শালি ।
না যদি ফল ফলে ,গালি পেড় খনা বলে।।"
ঘ)"আষাঢ়েৰ পঞ্চদিনে ৰোপন যে কৰে ধান।
বাড়ে তাৰ কৃষিবল, কৃষিকার্য্যে হয় সফল।।"
(২) খেতি পথাৰত হাল জুৰিবলৈ হ'লে শুভদিন চোৱা হয়। খনাৰ বচনত আছে বা ধান বোৱা সময়,,
ক)"খনা লে হাল নিয়ে ,
মাঠা যবে কৰিব গমন।
আগে দেখ চাষীভাই, যেন হয় শুভ লক্ষণ।।
শুভক্ষণ দেখে সদা কৰিব যাত্রা।
পথে যেন না হয় তখন অশুভ বার্তা।।"
খ)"শ্রাবনে পূৰা ভাদ্রে বাৰো, এৰমধ্যে মতো পাৰ।।"
গ)"বৈশাখেৰ প্রথম জলে আউশ ধান্য দ্বিগুণ ফলে।।"
ঘ)"যেবে বৰষে পুহ, ধান গুচি হয় তুঁহ।"
ঙ)"এক আশ্বিনে ধান, তিন শ্রাবনে পান।
ডেকে খনা গান, ৰোদে ধান, ছায়ায় পান।।"
চ)"ভাদ্দৰেৰ চাৰি, আশ্বিনেৰ চাৰি, কলাই বুনি যতো পাৰি।।"
ছ)"খনা বলে চাষাৰ ৰো,
শৰতেৰ শেষে সৰিষা ৰো।।"
জ)"আশ্বিনেৰ উনিশ, কর্ত্তিকেৰ উনিশ,
বাদ দিয়ে মটৰ কলাই বুনিস।।"
ঝ)সৰিষা বুনে কলাই মুগ।
বুনে বেড়াও চাপৰে বুক।"
ঞ)"ফাল্গুনেৰ আট চৈত্রেৰ আট।
সেই তিল দায়ে কাট।।"
(৩) পথাৰত কোন দিশৰ পৰা হাল বাব বা অমাৱস্যা, পূ্র্ণিমা চোৱাৰ ক্ষেত্রত,
ক)"মাঠে গিয়ে আগে কৰো দিক নিৰূপন।
পূর্বদিক হতে হল কৰহ চালন।।
খনা বলে মোৰ কথা শুন মহাশয়।।"
খ)"অমাৱস্যা,পূর্ণিমাতে যে ধৰে হাল।
তাৰ দু:খ থাকে চিৰকাল।।"
(৪) লাউ, বেঙেনা, জলকীয়াৰ খেতিৰ বাবে,
ক)"ছাইয়ে লাউ, উঠানে ঝাল।
কৰ বাপু চাষাৰ ছাওয়াল।।"
খ)"মাছেৰ জলে লাউ বাড়ে,
ধেনো জমিতে ঝাল বাড়ে।।"
গ)"বলেগেছে ববাহেৰ পো,
দশটি মাসই বেগুন ৰো।
চৈত্র বৈশাখ দিবি বাদ,
নহ'লে হবে সব বৰবাদ।।"
ঘ)"ধৰলে পোকা দিবি ছাই,
এৰ চেয়ে ভালো উপায় নাই।।"
(৫) কলগছৰ খেতি ক্ষেত্রত,
ক)"কি কৰ শ্বশুৰ খেটে খুট।
ফাগ্লুনে এটে পোত কেটে।।
বেড়ে যাবে ভঙবে ষাড়।
কলা আনতে ডাঙৰ ষাড়।।"
খ) "তিনিশ ষাঠি জোপা ৰুডা কল।
তেহে দেখিবা ফলৰ বল।।
এহাত ছয় আঙুল দিবা পোট।
তেহে দেখিবা কলৰ গোট।।
পাত পচলা লাভত খাবা।
লংকাৰ বনিজ ঘৰতে পাবা।।"
গ)ভাদ্র মাসে ৰুয়ে কলা।
সবংশে মৰলো ৰাৱন শালা।।
৬) কি গছত কি দিব,
ক) আঠীয়াত গোবৰ, মনোহৰত জাৱৰ
পুৰাত খাই, মালভোগত ছাই।।
খ)জালুকত গোবৰ মাটি,
কল ৰুৱা তিনিবাৰ কাটি।।
এই খনাৰ বচন বা ডাকৰ অসমীয়া সাহিত্য -সংস্কৃতি ভঁৰাল চহকী হৈ আছে। বর্তমান সময়ত ইয়াক উলাই কৰি চলে যদি প্রয়োজনীয়তা খুবেই আছে।
পৃষ্ঠাঃ ৯
২০ জুলাইৰ জোনবাইটো
(ৰোমণ্ঠন)
হিৰণ্য কুমাৰ ভূঞা, দুলীয়াজান
আজি শাওঁণ মাহৰ ৩ তাৰিখ তথা জুলাই মাহৰ ২০ তাৰিখ । কেইবাদিনো দিয়া বৰষুণৰ পাছত ফৰকাল আকাশত জোনটোৰ পৰা অহা নিৰ্মল ফটফটীয়া স্নিগ্ধ পোহৰে ধৰণী উজলাই তোলাত, ঘৰৰ আগফালে বহি আপোনভোলা হৈ আকশখনৰ সৌন্দৰ্য উপভোগ কৰি থাকোতে এৰি অহা দিনৰ বহু কথা স্মৃতিৰ জখলা বগাই ওলাই চকুৰ পটাত ভাহিবলৈ ধৰিলে !
৫০ - ৬০ বছৰৰ আগৰ কথা । বিদ্যুত সংযোগ নথকা বহু ভিতৰুৱা আমাৰ গাওঁখন । আন্ধাৰে আৱৰি থকা গাওঁখনত তথা আমাৰ ঘৰখনত, গৰম দিনৰ শুক্লপক্ষৰ কেইটামান দিন জোনবাইটোৱে ফৰকাল বতৰত পোহৰাই তুলিলে গাওঁখন তথা আমাৰ ঘৰখনৰ মানুহ ৰাতি ভাত পানী খাই বাহিৰত বহি সকলোৱে দেহা সাত পেলোৱাৰ লগতে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা নৈমিত্তিক কাৰ্যক্ৰমত পৰিছিল ।
এৰা ! আজিও জুলাই মাহৰ ২০ তাৰিখ । বাৱন্ন বছৰ আগৰ ১৯৬৯ চনৰ জুলাই মাহৰ ২০ তাৰিখৰ কথা । আকশত জোনবাইটো ডাৱৰৰ মাজে মাজে লুকাভাকু খেলি গৈ আছিল । ফৰকাল আকাশত জোনটোৰ পৰা অহা নিৰ্মল ফটফটীয়া স্নিগ্ধ পোহৰে ধৰণী উজলাই তোলাত, ভাত পানী খাই চোতালত দেউতাই চকীত, বতিয়ে (মা) বাইদেউ দুজনীৰ লগত পিৰাত বহি বিচনী ঘুৰাই বহি আছিল। মই ভাইটিহঁতৰ লগত আকাশৰ জোনটো এচপৰা দুচপৰা ডৱৰৰ মাজে মাজে গৈ থকা চাই ,তাত তুলসী ,মৃগপহু, ধনুৰ সৈতে ৰামচন্দক বিচাৰি থাকোতেই দেউতাই ক'লে - ''আজি আমেৰিকাৰ চাহাব (মানুহ) জোনবাইত গৈ ভৰি দিব । ইতিমধ্যে জোনবাইত উঠিলেগৈ চাগে ।'' আমি জোনবাইত ক'লা ডাগ বোৰত তুলসী ,মৃগ পহু , ৰামচন্দক চোৱা বাদ দি আমেৰিকাৰ চাহাব চোৱাত লাগিলো ।
কল্পনাৰ চকুৰে জোনবাইত বহু কিবা কিবি দেখিলো । ক'লা ক'লা ডাগবিলাকত মানুহো দেখিলো ।
পাছত ১৯৬৯ চনৰ ২০ জুলাইত জোনবাইত মানুহে পদাৰ্পণ কৰা বিষয়ে পঢ়ি শুনি জনা কেইটামান কথা নজনা সকললৈ আগবঢ়ালো -
১) জোনবাই(চন্দ্ৰ)লৈ যোৱা যান খনৰ নাম :
১) এপলো ১১ ।
২) যাত্ৰীসকল : নীল আমষ্ট্ৰং, মাইকেল কলিংচ
আৰু এডুইন এলড্ৰিন ।
৩) যাত্ৰা আৰম্ভ : ১৬ জুলাই ১৯৬৯ চন গধুলি - ৭.০২ মি: ।
৪) জোনবাইত ১ম ভৰি দিয়ে : নীল আমষ্ট্ৰং ।
৫) ভৰি দিয়া ২য় জন ব্যক্তি : এডুইন এলড্ৰিন
মাইকেলে যানখন চলাই থাকিল ।
৬) ভৰি দিয়া সময় : ২০ জুলাই ১৯৬৯ চন ৰাতি - ৮.১৭ মি: ।
৭) ঘুৰি আহি পোৱা সময় : ২১জুলাই ১৯৬৯ চন সন্ধ্যা ৫.৫৪ মি: ।
৫২ বছৰ আগৰ দিনটো, গাওঁখন, প্ৰকৃতিখনৰ লগতে পৰিবেশ আৰু মা দেউতক মনত পৰি মনটো বৰ গধুৰ হৈ পৰিল । গাওঁখনৰ পৰিবেশকে ধৰি সকলো সম্পূৰ্ণ সলনি হ'ল কিন্তু জোনবাইটো, আকাশখন ,ডাৱৰ একেই আছে । ২০ জুলাই দিনটোত জোনবাইটোৱে একে দৰেই স্নিগ্ধ পোহৰ দি মানৱ জাতিৰ জোনত পদাৰ্পণৰ স্বাক্ষৰ বহন কৰি আছে।
পৃষ্ঠা ১০
কবি হীৰেন ভট্টাচাৰ্য
(২৮ জুলাই জন্মদিন উপলক্ষে)
বন্দিতা শৰ্মা কন্দলী, দেৰগাঁও
ফোন ৮০১১৮৫০১৭২
অসমীয়া সাহিত্যৰ কাব্য জগতত সুগন্ধি বিলাই যোৱা মানু্হ জনে কবিতাৰেই দি গৈছে নিজৰ পৰিচয়:
'কামিজৰ সিয়নিত দুখ, দুখৰ স্তুতি/মোৰ গাত হাত থʼলেই পাবা হীৰেন নামৰ কবি/পদচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতিʼ।
১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্ম গ্ৰহণ কৰা এই জনা খ্যাতিসম্পন্ন কবিৰ বহুতো কবিতাৰ পংক্তিয়ে অসমীয়া কাব্যপ্ৰেমী লোকৰ মনোজগতত অনুৰণন সৃষ্টি কৰি আহিছে। জীৱনৰ ত্ৰিশটা বসন্ত গৰকি ১৯৬২ চনত তেওঁৰ কাপ - মৈলামেৰে নিগৰিছিল গভীৰ দেশাত্মক ভাবাৰ্থৰ কবিতা ʼমোৰ দেশʼ:
ʼ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ, মোৰ দেশ/মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে/শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আঁহে আঁহে/মোৰ যৌৱনৰ কোঁহে কোঁহে সপোনৰ কলৰোল।ʼ
ʼ হীৰুদাই ʼমোৰ দেশʼ কবিতাটো লিখাৰ পাছত অন্য কবিতা নিলিখিলেও অসমীয়া কবিতা জগতত তেওঁ মোৰ দেশেৰেই কবি হিচাপে চিৰজ্যোতিষ্মান হৈ ৰʼব।ʼ(ড:বসন্ত কুমাৰ ভট্টাচাৰ্য)
ʼʼ এই কবিৰ আৰু একো নাই/এটাই মাথোঁ কামিজ/তাৰো ছিগো ছিগো চিলাই/প্ৰেম নিশ্চয় এনেকুৱাই/আৱৰণ খুলি হৃদয় জুৰাই ʼʼ। এনেদৰে ই স্বভাৱ কবি ৰূপে পৰিচিত হীৰেন ভট্টাচাৰ্যৰ ভাৱ ভাষা, হৃদয় স্পৰ্শ কৰা চিত্ৰকল্প, সহজ- সৰল প্ৰতীক, সূক্ষ্ম চিন্তা, শব্দৰ শিল্পই পাঠকক অনন্য ৰসেৰে সুখানুভুতি প্ৰদান কৰি আহিছে।" সমাজ কবিৰ পাঠশালা, জীৱন যাৰ প্ৰধান শিক্ষকʼʼ। অসম সাহিত্য সভাৰ দ্বিপঞ্চাশতম অধিৱেশন উপলক্ষে আয়োজিত কবি সন্মিলনৰ সভাপতি আসনৰ পৰা কবি গৰাকীয়ে আৰু কয়ʼʼ কবিতা শব্দৰে নিৰ্মিত ভাষাৰ শিল্প, ভাবে নিজৰ প্ৰয়োজনতেই নিজৰ বিকাশৰ তাড়ণাতেই নিৰ্মাণ কৰে শব্দ। শব্দ কবিৰ অস্ত্ৰ ʼʼ। ২০০১চনত অসম উপত্যকা বঁটা গ্ৰহণ কৰি দিয়া ভাষণত কৈছিল যে কবিতাই তেওঁৰ জীৱন আৰু জীৱিকা। তেওঁৰ দৃষ্টিত কবিতাৰ বাহিৰে কবিৰ চিনাকি নাই; আনকি কবিগৰাকীৰ জীৱন পঞ্জীও পঢ়ুৱৈৰ বাবে অৰ্থহীন বুলি তেওঁৰ দৃঢ় ধাৰণা।
কবি, গীতিকাৰ, চিত্ৰশিল্পী, সাহিত্যিক হীৰেন ভট্টাচাৰ্য সাধাৰণ ভাবে থকা অসাধাৰণ নিৰহংকাৰী, ৰসিক ব্যক্তি। কবিতাৰ পাঠ অন্তৰেৰে ভাল পোৱা কবি গৰাকীৰ মতে ʼপাঠেই কবিতাৰ জীৱন। শব্দৰ শিল্প কবিতা ছপাৰ আখৰতেই আবদ্ধ নহয়। ইযে কণ্ঠৰো শিল্প।ʼ ʼ কবিৰ পাঠে বৰ্ণক উন্মোচন কৰে শব্দ লৈ, শব্দক ধ্বনি লৈ আৰু ধ্বনিৰ অনুৰণনে কবিতাক লৈ যায় জীৱনৰ বোধি-মূল্যলৈʼʼ। শব্দৰ ধ্বনিমাধুৰ্যই তেখেতৰ কবিতা সমুহক অনন্য আৰু একক কৰি তুলিছে।ʼ সৃজনশীল পাঠে সাহিত্যৰ নতুন বাট মুকলি কৰে ʼ বুলি কোৱা কবি গৰাকীয়ে সেয়ে হয়তো নিজৰ কবিতাৰ পাঠেৰে কবিতাৰ অডিঅ' কেছেটো উলিয়াইছিল। কবিতা আৰু গীতৰ মাজত একাত্মতা বিচাৰি পোৱা কবি জনৰ স্বৰচিত গীত সমুহ ১৯৬৯ চনৰ পৰাই আকাশবাণীয়ে পৰিবেশন কৰি আহিছে।
শব্দ শিল্প আৰু চিত্ৰশিল্পৰ সম্বন্ধ যে ইষ্টান্তিক সেই বিষয়ে কবিৰ ধাৰণা যে স্বীয় তাক কবিৰ নিজ হাতৰ ৰং তুলিকা আৰু কলাজেৰে তেওঁৰ কবিতা সংকলনৰ বেটুপাত আৰু ভিতৰৰ পৃষ্ঠাৰ ছবি সমুহেই ফুটাই তুলিছে। কোৱা শুনিছোঁ কবি সকলৰ চিন্তা হেনো সাধাৰণ মানুহতকৈ সুকীয়া।'' খোজকাঢ়ি যোৱা মানুহৰ গাত ব্লেক নাথাকে। তেওঁৰ ভুল হ'ব পাৰে ! সেয়ে দায়িত্ব বেছি গাড়ী বা স্কুটাৰ চলোৱা জনৰ। কোম্পানীয়ে চলাবলৈ ব্ৰেক এডালো দিছে।'' এনেদৰে ব্যাখ্যা কৰা কবি জনে এজন বিশেষ ব্যক্তিয়ে কৰা প্ৰশ্ন ''আপুনি বাহিৰা কিতাপ পঢ়েনে ?'' ৰ উত্তৰত কৈছিল ''কিতাপ পঢ়ো ! কিন্তু বাহিৰা কিতাপ নপঢ়ো। মই জনাত কিতাপৰ বাহিৰা- ভিতৰুৱা নাই। কিতাপ-কিতাপেই''।
প্ৰকৃতি, মানুহ আৰু শস্যৰ সম্ভাৱনাক লৈ লিখি থৈ যোৱা ৰৌদ্ৰ কামনা (১৯৬৮) মোৰ দেশ, মোৰ প্ৰেমৰ কবিতা (১৯৭২) বিভিন্ন দিনৰ কবিতা (১৯৭৪) কবিতাৰ ৰ'দ (১৯৭৬) তোমাৰ গান (১৯৭৬) সুগন্ধি পখিলা (১৯৮১) শইচৰ পথাৰ মানুহ (১৯৯১) মোৰ প্ৰিয় বৰ্ণমালা (১৯৯৫) ভাল পোৱাৰ বোকামাটি (১৯৯৬) ভাল পোৱাৰ দিক্চৌ বাট (২০০০) সুগন্ধি শিপা (২০০৬) কবিতাৰ ডাল পাত (২০০৮) শিপাৰ পৰা পাতলৈকে (২০০৯) হীৰেন ভট্টাচাৰ্যৰ কবিতা (২০১১) কাব্য সংকলনেৰে তেওঁ অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। ল'ৰা ধেমালি (১৯৯১) আকৌ ধেমালি (১৯৯১) ৰৈ ৰৈ ধেমালি (২০০৮) শিশুৰ বাবে দি থৈ যোৱা উপহাৰ। নিজস্ব শৈলীৰে সমৃদ্ধ যুগজয়ী শব্দ শিল্পৰ কাৰিকৰ জনৰ প্ৰশ্ন ''কাৰ কাৰণে কবিতা, সূৰ্যৰ শুদ্ধতা ?''( মোৰ আৰু পৃথিৱীৰ)।
পৃষ্ঠা ১১
ধাৰাবাহিকঃ
সমাধিস্থ সপোনত
অংকুৰিত পোহৰ
মিনাৰা হুছেইন, নগাঁও
(এক)
আজি অ'পিডিত ভালদৰে মন বহাব নোৱাৰিলোঁ। ৰোগী সকলক মাথোঁ কৰ্তব্যৰ খাতিৰতে চালোঁ। এতিয়া চৰম আত্মগ্লানিত ছটফটাই আছোঁ। এগৰাকী চিকিৎসক হিচাপে মোৰ ৰোগী সকলৰ প্ৰতি নৈতিক দায়িত্বও আছে। কিন্তু ৰাধাৰ কথাবোৰ ভাৱিলেই মোৰ সকলোবোৰ খেলি মেলি হৈ যায়। বেগৰ পৰা ফোনটো ওলিয়াই চালোঁ। কেইবাটাও মিছ ক'ল অনুৰাধাৰ। অ'পিডিত ৰোগী চাবলৈ বহোঁতেই ম'বাইলটো চাইলেন্ট কৰিছিলোঁ। অনুৰাধাৰ ফোন অহা দেখিলেই মোৰ মনটো হাহাকাৰ কৰি উঠে। অনুৰাধা ঠিকে আছেনে! ৰুবুলে মাৰধৰ কৰা নাইতো! হস্পিতালৰ পৰা বাহিৰে বাহিৰে অনুৰাধাৰ ঘৰলৈ যোৱাটোৱে ঠিক কৰিলোঁ। অনুৰাগক ফোন কৰি ক'লে তেওঁৰ খঙহে উঠিব। বুজিবলৈ চেষ্টা নকৰে। হোৱাটছ্ এপতে মেচেজ দি গাড়ীৰ ষ্টিয়েৰঙত বহিলোঁ। আধা ঘন্টাৰ বাট বহু যুগ যেন লাগিল। "এইবাৰ অনুৰাধাক লৈ আনিম । ৰুবুল নামৰ পিশাচটোৰ পৰা একেবাৰে মুক্ত কৰিব লাগিব অনুৰাধাক। আৰু কিমান সহ্য কৰিব ? অনুৰাগ আৰু মা-দেউতাক মই বুজাম" মনৰ মাজতে কথাখিনি দোলা দি আছে। অনুৰাধাৰ মৰমলগা মুখখন।তাইৰ মৰমলগা মুখখনৰ মাজত লুকাই আছে এক নিৰ্জনতা। উফ ! মোৰ চকুযুৰি সেমেকি উঠিল।
বাৰাণ্ডাত অনুৰাধাৰ শাহু আৰু ৰুবুল বহি আছিল।
" অনুৰাধাৰ ফোন পাই দৌৰি আহিলা "
শাহুৱেকৰ কথাখিনি মোৰ গাত কাঁইটে বিন্ধাৰ দৰে লাগিল। অনুৰাধাৰ ৰুমলৈ সোমাই গ'লোঁ।
"ৰাধা...."
কোঠাটোৰ চুক এটাত কুচিমুচি বহি থকা অনুৰাধাক সাবটি ধৰিলোঁ। অনুৰাধাই মোৰ গাত ধলি পৰিল। প্ৰায় মূৰ্চা যোৱাৰ দৰে। অনুৰাধাৰ পাল্ছ চালোঁ। বটলৰ পৰা পানী উলিয়াই অনুৰাধাৰ চকুত চটিয়াই দিলোঁ।
"বৌ, বৌ....মোক লৈ যোৱা। মোক মাৰি পেলাব"
অনুৰাধাই ভয়াৰ্ত চাৱনিৰে ক'লে।
"অ'...লৈ যাম। আমাৰ ৰাধাক আমাৰ ঘৰলৈ লৈ যাম"
অনুৰাধাক বিছনাত বহাই দিলোঁ। পানী এগিলাচ দিলোঁ।
"ৰাধা...আজি কি লৈ লাগিলে ৰুবুলে। "
অনুৰাধাৰ গুলপীয়া গাল দুখনিত দাগ, চকু দুটি উখহি গৈছিল।
'ৰুবুলে এনেকৈ মাৰিছে'
অনুৰাধা মোৰ বুকুত সোমাই উচুপি উঠিল।
"ৰাধা উঠা। বাথৰুম গৈ মুখ হাত ধুই লোৱা। কাপোৰ পিন্ধি ৰেডি হোৱা। তোমাক এই পিশাচটোৰ হাতত এৰি নাযাওঁ।"
অনুৰাধাৰ চকু দুটি যেন উজ্জ্বল হৈ উঠিল। মোৰ হাতদুখন লৈ এটি চুমা আঁকি দিলে।
"ৰুবুল....ৰাধা বহুত দুৰ্বল হৈ গৈছে। তাইক মই লগত লৈ যাব বিচাৰিছোঁ"
ৰুবুলে একো নক'লে।
"আমি কিবা তাইক খাবলৈ নিদিওঁ নেকি ? নে কিবা কষ্ট দিছো। "
ৰুবুলৰ মাকে মাত লগালে।
" খুৰী...আপোনালোকে তাইক প্ৰেগনেন্ছী অৱস্থাত কেনেদৰে ৰাখিছে মই সকলো দেখিলো আৰু বুজিও পালোঁ। কিন্তু মই এগৰাকী ডক্টৰ হিচাপে মোৰ পেছেন্টক ইয়াত এৰি যাব নোৱাৰোঁ।"
অনুৰাধা ৰেডি হৈছিল। এযোৰ কটনৰ মেখেলা চাদৰ পিন্ধিছিল। লগতে বেগ এটাত ভৰাই ল'লে কেইযোৰমান কাপোৰ আৰু হস্পিতালৰ ৰিপৰ্টবোৰ ।
"তই গৈ আছ' যদি যা, কিন্তু নাভাৱিবি যে মই তোক আনিবলৈ যাম। নিজেই আহিব লাগিব"
ৰুবুলৰ কথাত মই খং আৰু দুখত ছটফটাই উঠিলোঁ।
"ৰুবুল...ইউ...ৰিয়েলি ডিচগাষ্টিঙ"
গাড়ীখন চলাই ঘৰলৈ বুলি আগবাঢ়িলোঁ। দুয়োজনী একেখন গাড়ীত বহি ভীষণভাৱে নষ্টালজিক হৈ পৰিছোঁ। তাইৰ প্ৰতি আৰু বেছি মৰম উপলব্ধি কৰিছোঁ। মোৰ দুচকুৰে দুটোপাল তপত লুণীয়া সৰি পৰিল। গম পাইছোঁ তাইৰ দুচকুৰেও চকুলো বাগৰিছে। তাইৰ মৰ্মবেদনাৰ উমান সকলোৱে আগৰে পৰাই পাই আহিছে। কিন্তু এনেকুৱা এটা স্পৰ্শকাতৰ ঘটনাৰ পিছতো প্ৰতিবাৰেই তাইক পৰিবেশৰ লগত সহজ হৈ থাকিবলৈ কোৱা হয়। কিয় ? মোৰ মন-মগজুত এজাক পৰুৱাই যেন লানি পাতি বগাবলৈ আৰম্ভ কৰিছে। কথাখিনি ভাৱি ভাৱি ৰাজপথৰ মাজে মাজে ঘৰলৈ বুলি আগবাঢ়িলোঁ।
আগলৈ...
পৃষ্ঠা ১২
পোছাকৰ আঁৰৰ মানুহজন
শিখামণি গগৈ, দুলীয়াজান
(যোৱা সংখ্যাৰ পিছৰ পৰা)
খণ্ড=৪
::ঐ ,ঐ ল'ৰা । তই ছাৰক এনেকৈ মাৰিবলৈ সাহস ক'ত পালি হাঁ ? তাতে থানাৰ লকআপৰ ভিতৰত !আমিবোৰ অকণমান আঁতৰি গ'লো বুলিয়েই ,মৰিলোঁ বুলিয়ে ভাবি ল'লি নেকি অ' তই।
কথাকেইষাৰ কৈয়ে দাস সোমাই গ'ল লকআপৰ ভিতৰলৈ।অসীম চলিহাই ঘোচা কেইটা খাই অলপ ধুঁৱলি-কুৱলি দেখিছিল যদিও কটকী ,দাস আৰু বড়াহঁত ওচৰচাপি অহাত সম্ভাব্য বিপদৰ পৰা নিজে হাত সাৰিবলৈ কি উপায় আছে, তাক পুনৰ ভাবিবলৈ ধৰিলে।
মই সেইকাৰণে আপোনাৰ ওচৰৰ পৰা আঁতৰি যোৱা নাছিলোঁ ছাৰ। মই জানিছিলোৱেই, ইয়াৰ চকু-মুখৰ অভিব্যক্তি দেখি। ই যে আপোনাক অকলে পালে কিবা এটা অঘটন ঘটাব ,সেইটো খাটাং।সেয়েহে মই যোৱা নাছিলোঁ। আপুনিহে মোক---
::দাস, আপুনি বৰ বেছি বেছি কথা কয় হে। হুঁহঃ । অনবৰতে হোৱাই নোহোৱাই লেকলেকাই থাকে। কথা কৈ থাকিব নালাগে। হেণ্ডকাফ্ ডাল লগাওক সোনকালে ইয়াৰ হাতত।
অতিমাত্ৰা খঙত ফোপাই জোপাই প্ৰায়ে উচ্চ স্বৰত চিঞৰিয়ে ক'লে দাসক।
থানালৈ অপৰাধী এটা আহিলে প্ৰথমতে কেনেকৈ ৰাখিব লাগে ,তাকেই নাজানে আপোনালোকে। খালী মুখৰ ফৰফৰণি। ঝনঝনাই থকা নাকটো মোহাৰি এইবাৰ কটকী আৰু বড়ালৈ চাই কৈ উঠিল।
::আচলতে ছাৰ ,আপুনি থানাত থাকিলে আনদিনাও এনে অপৰাধী আহিলে এই হেণ্ডকাফ্ লগোৱাৰ ব্যৱস্থাটো নাই দেখা যে, গতিকে লগাব নালাগে বুলি ভাবিলোঁ আমি।
ল'ৰাটোৰ হাতত চলিহা ছাৰে ঘোচা খোৱাৰ বাবে নিজকে হেণ্ডকাফ্ নলগোৱা কথাটোত বৰ অপৰাধী অপৰাধী লাগিছিল যদিও অকণমান সুবিধা পাই চলিহা ছাৰৰ এই দুৰ্বল মুহূৰ্তটোতে কথাষাৰ এইদৰে কোৱাটো উচিত বুলি ভাবি কৈ দিলে কটকীয়ে।
::বড়া, এইফালে ভে ভে কৈ ভেবা লাগি চাই থাকিব নালাগে আপুনি। হেণ্ডকাফ্ডাল লৈ আহক সোনকালে।
চলিহা ছাৰে দাসক কৰা কটাক্ষ শুনি মনত প্ৰায়ে ৰং পোৱা, ওঁঠত হাঁহি এটি বিৰিঙি উঠা বড়াক, একেথৰে তেওঁৰফালে চাই থকা দেখি ,দাসে অকণমান আদেশৰ সুৰতে কৈ উঠিল ।
চলিহা ছাৰৰ কথাত প্ৰায় লাজ পাইও লাজ পোৱা ভাৱ নেদেখুৱাই ,একো যেন কোৱাই নাই, ভাও ধৰা দাসৰ মুখত আদেশৰ সুৰ শুনি টিঙিচকৈ উঠা খং টো কোনোমতে দমাই ,বড়াই সোণাপুৰ থানাৰ বেৰত ওলোমাই থোৱা, বহুত দিন ব্যৱহাৰ নোহোৱা মামৰে ধৰা হেণ্ডকাফ্ ডাল আনিবলৈ আগুৱাই গ'ল।
::দাস ছাৰ অ' মোক আপোনালোকে জোৰ কৰি হেণ্ডকাফ্ পিন্ধাব নালাগে।প্ৰয়োজনত মই নিজেই পিন্ধিবলৈ দুহাত আগবঢ়াই দিম। অপৰাধ কৰিলে আমাৰ নিচিনা মানুহবোৰে নিজেই থানাৰ ভিতৰত আহি স্বীকাৰ কৰিম যে, মই অপৰাধী, মোক লকআপত ভৰাই থওক। কিন্তু আপোনালোকৰ মাজত থকা এই অপৰাধীজনক ,এইজনক কি ব্যৱস্থা ল'ব আপোনাকে ?এইজন ! এইজনতো এজন ভদ্ৰ মুখা পিন্ধা ধৰ্ষণকাৰী ।অস্ ছৰী। অকল ধৰ্ষণকাৰীয়েই নহয়। তেওঁ এজন হত্যাকাৰীও। আজি সাত বছৰৰ আগতে এইজনে---
দাসৰ মুখৰ কথা-বতৰা বোৰ অলপ পাতলীয়া ধৰণৰ দেখি ,ল'ৰাটোক জোৰেৰে দুহাতত ধৰি থকা দাসক সুবিধা পাই কৈ উঠিল সি ।
::কটকী ,দাস কি কৰি আছে ? সোনকালে ইয়াৰ হাতত হেণ্ডকাফ্ ডাল লগাই ,যাওক আপোনালোক। নিজৰ নিজৰ কামত লাগক গৈ।
বড়াই আনি দিয়া হেণ্ডকাফ্ডাল হাততে লৈ ,অসীম চলিহাক উদ্দেশ্যি কোৱা ল'ৰাটোৰ কথাবোৰ শুনি ,ৰহস্যৰ গোন্ধ লৈ থকা কটকী, দাস আৰু বড়াক কেনেকৈ আঁতৰ কৰিব পাৰি সেই ঠাইৰ পৰা ,সেই ভাৱি এইবাৰ কটকী ,দাস ,বড়াৰ ওপৰত গৰজি উঠিল চলিহা।
::ছাৰ,আপুনি ইয়াক অকলে চম্ভালিব পাৰিব জানো ? আমি নহ'লে কোনোবা এজন আপোনাৰ লগতে---
ছাৰৰ পৰা যিমান গালি-গালাজ শুনিলেও কাহানিও লাজ নোপোৱা দাসে কেনেবাকৈ কোনোবা এজন এই ঠাইতে থাকিব পাৰিলে যে ল'ৰাটোৱে কৈ থকা এই সাতবছৰৰ আগৰ কথাবোৰৰ কিবা এটা ৰহস্যৰ সম্ভেদ পাব, সেই লৈ চিনা জোক লগাদি লাগি থাকিল অসীম চলিহাৰ লগত ।
অসীম চলিহা ভিতৰি ভিতৰি জ্বৰে ঘমাদি ঘামিছে। কেনেকৈ আটাইকেইজনক আঁতৰ কৰিব পাৰি ইয়াৰ পৰা সোনকালেই, তাৰ চিন্তাত মগজুত বুদ্ধিৰ কুণ্ডলি পকাইছে।
::আপোনালোক আঁতৰি যোৱাৰ আগত মোৰ কথাবোৰ শুনি যাওক কটকী আৰু বড়া ছাৰ। নহ'লে মোৰ এই থানালৈ ইমান কষ্ট কৰি অহাৰ আচল উদ্দেশ্য সফলেই নহ'ব।
ল'ৰাটোৰ হাতত হেণ্ডকাফ্ ডাল লগাই ছাৰৰ আদেশ মানি লকআপৰ বাহিৰলৈ ওলাই যাব খোজা দুয়োজনকে বৰ অনুনয় সুৰত ল'ৰাজনে কোৱা কথা কেইষাৰ শুনি দুয়োজন পিছলৈ চাই থমকি ৰ'ল।
চলিহা ছাৰ এইবাৰ বাৰুকৈয়ে বিপাঙত পৰিল। জোৰকৈ বা বুদ্ধি কৰি কটকীহঁতক ইয়াৰ পৰা এতিয়া পঠাব বিচৰাৰ মানেই তেওঁ যে তেওঁলোকৰ মনত, বেছিকৈ সন্দেহৰ আওতালৈ অহাহে হ'ব, সেইকথা নিশ্চিত। ইতিমধ্যে আটাইকেইজনে তেওঁলৈ সন্দেহৰ দৃষ্টি নিক্ষেপ কৰিছেই। গতিকে ল'ৰাটোৱে তেওঁলোকক যি কয় ক'বলৈ এৰি দি, পিছত কি কৰিব পৰা যায়, নিজক এই বিপদৰ পৰা কেনেকৈ বচাব পাৰি এই বিষয়ে এটা বুদ্ধি মনত লৈ নিজেই ওলাই আহিল এইবাৰ লকআপৰ ভিতৰৰ পৰা ।নিজৰ টেবুলত থকা পানী গিলাছ কোটকোটকৈ একে উশাহতে পি খাই ,ইটো-সিটো ফাইলবোৰ উলিয়াই কিবাকিবি লিখা কামত ব্যস্ত দেখুৱাই, কাণ উনাই থাকিল ল'ৰাটোৱে তেওঁলোকক কোৱা কথাখিনি শুনিবলৈ...
আগলৈ----
পৃষ্ঠা ১৩
অণুগল্পঃ
ক/ ফুল
নন্দিনীৰ সৰুৰেপৰাই ফুলৰ প্ৰতি গভীৰ অনুৰাগ। জনা হোৱাৰ পৰাই বিভিন্ন জাতৰ ফুলেৰে পদূলি শুৱাই তুলিছে। নিজেও এপাহ নিষ্পাপ ফুলৰ দৰে।
বিধিৰ কি যে বিপাক ! ফুল ভালপোৱা ছোৱালীজনী ফুলশয্যাৰ নিশাই লেৰেলি গ'ল। নিষ্পাপ ফুলৰ খবৰ ৰখা জীৱন্ত ফুলপাহৰ মনৰ বতৰাৰ কোনেও ভুকে নাপালে। এদিন সেই ফুলপাহো নিৰ্জীৱ হৈ ওলমি ৰ'ল।
অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০
খ/ ভাগ্য
ঘৰ আছিল ৰাস্তাৰ দাঁতিত তলত পিতনি, ওপৰত চাংঘৰ কৰি পাণ- তামোলৰ দোকান এখনৰ লগতে তিনিজনীয়া পৰিয়ালটো।
সময়ৰ গতিত পৰিয়ালটোৱে প্ৰাণ পালে। একমাত্ৰ মেধাবী পুত্ৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া হৈ চৰকাৰী বাসগৃহ পালে, তাতেই অসুস্থ দেউতাক পৰলোকলৈ গ'ল। এবছৰ পাছত যোৰহাটত এটা ফ্লেট কিনি মাক- পুতেকে দুয়ো কিছুদিন থকাৰ পাছত বৃদ্ধা মাতৃয়ে বোৱাৰীৰ হাতৰ বিভিন্ন সোৱাদৰ যুতি লোৱাৰ সৌভাগ্যও লাভ কৰিলে- সহজ সৰল, সৎ আৰু অমায়িক পৰিয়ালটোৰ ওপৰত একমাত্ৰ নেদেখা জনৰেই কৃপা।
প্ৰণামী দেৱী
তেলীয়া সোণাৰী গাঁও
৯৮৫৪১০০৪২২
গ/ পৰিৱৰ্তন
পূৰ্বতে খেতি-বাতিৰ প্ৰতি অনীহা প্ৰকাশ কৰি থকা যদুৱে যোৱাবৰ্ষত ল'কডাউনৰ বাবে নিজৰ বেচৰকাৰী চাকৰিটো হেৰুৱালে।কৰ্মসংস্থাপনহীন হৈ পৰা যদুৱে চাকৰিৰ বাবে আৰু মূৰ নঘমায়। এইবাৰ কঠীয়া সিঁচিবলৈ বলধহালেৰে পৈতৃক সম্পত্তিৰ মাটিকেইডৰা চহাই পূৰ্ণোদ্যমে কৃষিকাৰ্য কৰিবলৈ আৰম্ভ কৰিলে। কৃষি কৰ্মৰ জৰিয়তে উৰ্পাজনৰ পথ সৃষ্টি কৰিবলৈ আগ্ৰহী যদুক এই ক্ষেত্ৰত ঘৈণীয়েক শেৱালিয়েও সহায়ৰ হাত আগবঢ়ালে।
মনস্বিনী শৰ্মা
স্নাতক চতুৰ্থ ষাণ্মাসিক (অৰ্থনীতি বিভাগ) শিৱসাগৰ ছোৱালী কলেজ।
ঘ/ ৰাস্তা
নেৰানেপেৰা বৰষুণজাকে শ্ৰমিকসকলক ত্ৰাহিমধুসুধন দেখুৱাবলৈ ধৰিলে। এমাহৰো সময় পাৰ হৈ গ’ল, অথচ ৰাস্তা বনোৱাৰ কাম আগবঢ়াব পৰা নাই। অতদিনে কাম বিচাৰি ঘূৰি ফুৰা ৰামুৰ আশাবিলাক ক্ৰমশ: জুইলৈ ৰূপান্তৰ হ’ব ধৰিলে। স্মৃতি ভঁৰালৰ খালী পেটকেইটাৰ চিঞৰত, সেই জুইৰ লেলিহান শিখাই ৰামুৰ চকুৱে-মুখে আৱৰি ধৰিলে।
প্ৰণামিকা গগৈ
স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক,
শিক্ষাতত্ত্ব বিভাগ,
ডিব্ৰুগড় বিশ্ববিদ্যালয় ।
দূৰভাষ : ৮৪৭১৮৯২৮৬১
ঙ/ চাকৰি
চাকৰি এটা নথকাৰ বাবেই
পাকঘৰত প্ৰীয়াৰ কাম- নৰসিংহ মাছৰ জোল ,মানিমুনি বৰ দিয়া জোল, কচুশাকৰ জ্বলা যুতি লগাই বনোৱা। তাৰোপৰি দুই বোৱাৰী কাণ সমনীয়া ল'ৰা দুটাৰ আলপৈচান ধৰা।
যৌথ পৰিয়ালৰ চৰকাৰী চাকৰিয়াল বোৱাৰী জীয়াক শাহুৱেকে কয়- "সন্ধিয়া চাহ কাপ টি-পটত টেবুলতে সকলোলৈকে থৈ দি নিজৰ কাপ ৰুমলৈকে লৈ যোৱা ...."
বছৰ বছৰ ধৰি অকথিত তালিকা খন শিক্ষিত শাহুয়েকৰ হিচাপতে এনেদৰে চলি আহিছে।
কৰবী হাজৰিকা
9101906602, দেৰগাঁও
পৃষ্ঠা ১৪
এক মিনিটৰ গল্পঃ
নিৰাশাৰ বোজা
ৰমণী ৰয়
মা, ভাত দিয়া বহুত ভাগৰ লাগিছে। আজি কাম কৰা ঠাইতো খোৱা লোৱা ভাল হোৱা নাই। গগনে চিঞৰি কোৱাৰ দৰেই ক'লে কথা কেইষাৰ।
: ইমান তাৰাতাৰি নহয় ৰবা, মোৰ আৰু সেই বয়স নাই। পাৰা যদি এজনী সোনকালে গোটাই লোৱা। সেই বুলি গগনৰ মাকে ভাত বাঢ়ি দি দুলালক মাতিলে ঐ ক'ত আছা আহ ভাত দিছো। দুলাল গগনৰ ভায়েক।
: মা একে লগে খাওঁ আহাঁ। তোমাৰ ভাত কেইটাও লৈ আহাঁ। গগনে মাকক কৈ তিনিও একে লগে খাবলৈ বহিল।
ভাত খাই থাকোতে মাঁকে গগনক কলে -- "বোপা অ' এজনী বোৱাৰী আন মই লাহে লাহে আৰু ইমান কষ্ট কৰিব নোৱাৰা হৈ গৈছো।"
দুলালে ক'লে "অ' দাদা মায়ে ঠিকে কৈছে । মোকো বৌ এজনী লাগে বুলি হাঁহি হাঁহি ভাত খাই উঠি গ'ল।
কেইমাহ মানৰ পিছত গগনে ছোৱালী এজনী চাই বিয়া পাতি লৈ আহিলে। বোৱাৰী পাই ঘৰখনো আনন্দৰে চলি গৈ আছিল। পৰিয়াল বঢ়াৰৰ লগে লগে ঘৰখনত খৰচো বাঢ়িব ধৰিলে। সেই বাবে ঘৰৰ খেতি আৰু কাম কৰা উপাৰ্জনেৰে চলাত অসুবিধা বাবে গগনে মাক আৰু ঘৈণীয়েকক কলে মাঁ, এওঁক লগত লৈ "বন্ধন" গোটৰ পৰা লোন লৈ কুঁহিয়াৰ ৰস উলিয়াই বিক্ৰি কৰা মেছিন এটা আনো। মাজে মাজে বজাৰত লৈ বা গধুলি কামৰ পৰা আহি চ'কত বহি অলপ উপাৰ্জন কৰিব পাৰিম নে কি কোৱা তোমালোকে?
দুয়ো সহমত দিলে ।
সেইমতে গগনে ঘৈণীয়েকক লৈ বন্ধন গোটৰ পৰা ৬০০০০ হেজাৰ টকা লোন লৈ কুহিয়াৰ পেৰা মেছিন এটা আনিলে। ঘৰত আনন্দৰ বতৰা বলিবলৈ ধৰিলে। পুঁজা অৰ্চনা কৰি এখন ঠেলাগাড়ীৰ দৰে বাহন তৈয়াৰ কৰি পিছদিনা দুলালক লগত লৈ বজাৰলৈ দুয়োভায়ে ওলাই ঘৰত মাত লগালে "ঐ মা, বিনিতা (ঘৈনিয়েক) আমি আহোঁ মোনাখন দে আহোঁতে বজাৰ কৰি লৈ আহিম।" বিনিতাই মোনাখন দি ঘৰৰ বজাৰৰ তালিকা এখন দি দিলে।
প্ৰসৰ ৰ'দৰ বাবে বজাত কুঁহিয়াৰৰ ৰসৰ মেছিনটো দেখি গ্ৰাহকেও বেৰি ধৰিলে। গ্ৰহক দেখি গগনৰ ফুৰ্টিও লাগিল আৰু দুলালক গ্লাচ আনিবলৈ দি মেছিনটোত সেৱা কৰি চলাবলৈ আৰম্ভ কৰিলে। ঘট-ঘট শব্দৰে মেছিন আৰম্ভ হ'ল আৰু কুঁহিয়াৰ এডাল সোমাই দিলে।তীব্ৰগতিত চলা মেছিনত গগনে কুহিয়াৰ সোমাই দিওঁতে দূৰ্ভাগ্যবশত হাতৰ আঙুলি মেছিনত সোমাই তেজেৰে ৰাঙলী কৰি কুহিয়াৰৰ ৰসৰ লগত মিহলি হৈ গ'ল। লগে লগে হুৱা-দুৱা লাগিলে। ভায়েকো দৌৰি আহি বজাৰৰ মানুহৰ সহায়ত মেডিকেল পালে। প্ৰথম আৰম্ভণিতে এই অৱস্থা দেখি মানুহবোৰে দুখ কৰিলে। তাতে আকৌ বন্ধন গোটৰ লোনেৰে লোৱা সম্পতি।
খৱৰ শুনি মাক - আৰু বিনিতাই লগে লগে মেডিকেল পালেগৈ । মেডিকেলত এসপ্তাহ থাকি এখন হাতৰ আঙুলি হেৰুৱাই গগনে দুখ মনে ঘৰলৈ উভটিলে।
গগনে ঘৰত আঙুলি নোহোৱা হাতখন চাই চকুলো মুচি থকা দেখি বিনিতাই চিঞৰি চিঞৰি কান্দি কৈ গ'ল - হে' ভগৱান আপুনি কিয় এনে কৰিলে ? কি পাপৰ ফল দিলে আমাক ? কেনেকৈ পৰিশোধ কৰিম এই লোন। আমাকো মাৰি নিয়া প্ৰভূ আমাকো মাৰি নিয়া।
পৃষ্ঠা ১৫
গৰুবাটত এটা সপোনৰ জঁকা
গৌৰৱ বৰুৱা
দেৰগাঁও টাউন,
৭০০২৪৭৩৯১৫/৯৮৫৪১৬৭৯৮৬
কোঠালীটোৰ খোলা খিৰিকীখনেৰে ৰাগিনীয়ে গৰুবাটটোলৈ একেথিৰে চাই আছে ৷ আবেলিৰ শেষৰকণ সময় ৷ অলপ পিচতে সাঁজ লাগিব ৷ মনবৰ বলধ গৰুকেইটা লৈ বোকাৰে লুতুৰি-পুতুৰি হৈ গৰুবাটটোৰে ঘৰলৈ ঘূৰিবৰ সময় হৈছে ৷ সাধাৰণতে আবেলিৰ সময়তে মনবৰ বলধ গৰু দুটা লৈ ঘৰলৈ উভটে ৷ বাৰিষাৰ দিনবোৰত তাৰ বোকাৰে লুতুৰি-পুতুৰি সুঠাম চেহেৰাটো চাই ৰাগিনীৰ খুৱ ভাল লাগে ৷ তাক লগ পোৱাৰ সময়বিলাক যিমানে ওচৰ চাপে তাইৰ বুকুৰ ধপধপনি বিলাক লাহে লাহে বাঢ়ি যায় ! দুটি চকুৰ চাৱনি আৰু দুটি ওঁঠৰ মৌন সাংকেতিক ভাষাৰ আদান প্ৰদানতে ক’ৰবাত প্ৰেমবোৰে বাহ লয় গোপনে !
আকাশখনৰ সীমনাত বাৰিষাৰ বতৰত মেঘমল্লাৰ ৰাগৰ আৱাহন হৈছে ৷ বাৰিষাৰ পথাৰত আপোন সঙ্গী বিচাৰি ফুৰা ভেকুলীবিলাকৰ টোৰটোৰণি ভাঁহি আহিছে অহৰহ ৷ বিজুলী, গাজনি, ধেৰেকনিৰ সমাহাৰেৰে কিনকিনীয়া বৰষুণজাক মূহুৰ্তৰ ভিতৰত এজাক মূষলধাৰ বৰষুণলৈ পৰিবৰ্তন হৈছে ৷ ইতিমধ্যে বহুত সময় পাৰ হৈ গৈছে ৷ তাইৰ ফালে চাই ধুনীয়া হাঁহিটো মাৰিবলৈ মনবৰ এতিয়াও আহি পোৱা নাই ৷ তাইৰ চকু দুটা এতিয়াও গৰুবাটটোতে স্থিৰ হৈ আছে ৷ সি বাৰু আজি আহিবনে ! তাই মনতে তাৰ ধুনীয়া বিশ্বকৰ্মা যেন শৰীৰটোৰ এটা কাল্পনিক অৱয়বৰ লগত ঘুমটি যাব বিচাৰিছে ৷ গৰুবাটটোৰ সিফালৰ পৰা মনবৰ আবেলি পাৰ হৈ যাওঁতে বাৰিষাৰ বোকা পানীৰে লুতুৰি-পুতুৰি হৈ থকা তাৰ ঘৰ্মাক্ত দেহাটোৰ পৰা বতাহত ভাঁহি অহা পুৰুষসুলভ গোন্ধটোৰ বাবে ৰাগিনী পাগল হৈ থাকে প্ৰতিটো সেন্দুৰীয়া আবেলি !
সাঁজ লাগি ভাগিবৰ হৈছে ৷ বৰষুণজাক লাহে লাহে কমিছে ৷ বাঁহগছজোপাৰ মাজেৰে উফৰি অহা পূৰ্ণিমাৰ জোনটোৰ চকামকা পোহৰত দুটামান চিনাকি ছাঁই গৰুবাটটোত ভুমুকি মৰাৰ দৰে লাগিছে তাইৰ ৷ তাই মন কৰিছে গৰুবাটটোৱেদি যেন এজন মানুহ আৰু দুটা বলধ গৰুৰ জঁকা লাহে লাহে পাৰ হৈ গৈছে !
এহাতত ধূনাদানিটো আৰু আনখন হাতত বিচনীখন লৈ কোঠালীটোলৈ সোমাই আহি ৰাগিনীৰ পিচফালে থিয় হৈ মাকে তাইক কৈ থকা কথাবোৰ তাইৰ কাণত পৰিছে -
: মাইনা শুনিছনে ৷ বৰ ডাঙৰ কথা হ'ল নহয় ৷ আবেলি সময়ত গাজনি ধেৰেকনিৰে অহা বৰষুণজাকত পদুমনি পথাৰৰ মাজত থকা জৰি গছজোপাত বহুত ডাঙৰ বজ্ৰপাত পৰিছে বুলি শুনিছো ৷ তাতে হেনো বজ্ৰপাতত আমাৰ গাঁৱৰ শতকন্ঠ মহাজনৰ ঘৰত থকা মনবৰ নামৰ অঁকৰা হালোৱাটো আৰু বলধকেইটাৰো মৃত্যু হৈছে ৷ টিভিটো কথাবোৰ দি আছে ৷
কথাটো শুনি ৰাগিনীৰ ভৰিৰ তলৰ মাটি হেৰাই যোৱা যেন লাগিছে ! ৰাগিনীয়ে খিৰিকীখনৰে আকৌ গৰুবাটটোলৈ এবাৰ চাইছে ৷ তাইৰ সপোনৰ জঁকাটো যেন লাহে লাহে এটা শূণ্য হৈ আকাশলৈ উৰি গৈছে।
পৃষ্ঠা ১৬
অনুবাদ কবিতা ঃ
Touched By Angel
Maya Angelou
We, unaccustomed to courage
exiles from delight
live coiled in shells of loneliness
until love leaves its high holy temple
and comes into our sight
to liberate us into life.
Love arrives
and in its train come ecstasies
old memories of pleasure
ancient histories of pain.
Yet if we are bold,
love strikes away the chains of fear
from our souls.
We are weaned from our timidity
In the flush of love's light
we dare be brave
And suddenly we see
That love costs all we are
and will eber be.
Yet it is only love
which sets us free.
স্পর্শিলে এক দেৱদূতে
অনুবাদ:
প্রাণ কৃষ্ণ গোস্বামী
কাহিলিপাৰা, গুৱাহাটী
আমি, সাহসহীনতাৰ বাবেই
আনন্দ উলাহৰ পৰা নিৰ্বাসন লৈ
খোলাৰ মাজত নিসংগ হৈ মেৰখাই থাকোঁ-
যেতিয়ালৈকে প্ৰেমে ওখ পৱিত্ৰ মন্দিৰ এৰে
আৰু আমাক দৰ্শন দিয়ে
আমাৰ জীৱন উন্মুক্ত কৰিবলৈ ৷
প্ৰেম আহে
আৰু ইয়াৰ লগত আহে
আনন্দৰ অতীত স্মৃতি
যন্ত্ৰণাৰ প্ৰাচীন বুৰঞ্জী ৷
তথাপি আমি যদি সাহসী হওঁ,
প্ৰেমে আমাৰ আত্মাৰ পৰা দূৰ কৰে
ভয়ৰ শিকলিৰ বান্ধোন ৷
প্ৰেমৰ উজ্জ্বলতাৰ ঢলত
আমাৰ ভীৰুতাক জয় কৰি
আমি সাহসী হোৱাৰ দু:সাহস কৰোঁ
আৰু হঠাৎ আমাৰ উপলব্ধি হয়
যে প্ৰেমৰ বাবে আমি সৰ্বস্ব দিলোঁ
ভৱিষ্যতেও লাগিব দিব ৷
তথাপিও এয়া মাথোঁ প্ৰেমহে
যিয়ে আমাক কৰে বন্ধনহীন ৷
( মায়া এঞ্জিল'উ (১৯২৮-২০১৪) আমেৰিকাৰ এগৰাকী কৃষাংগী সাহিত্যিক আৰু সমাজ কৰ্মী আছিল ৷ তেওঁ কৃষাংগসকলৰ নাগৰিক অধিকাৰ কৰ্মী আৰু দাসত্ব প্ৰথাৰ ঘোৰ বিৰোধী আছিল ৷ তেওঁৰ লিখনীসমূহত ঘাইকৈ কৃষাংগসকলৰ সামাজিক দূৰাৱস্থাৰ প্ৰতিফলন ঘটিছিল ৷ তেওঁৰ আঠ বছৰ বয়সত ঘটা এক ঘটনাৰ ফলত এঞ্জিল'উ পাঁচবছৰৰ বাবে মূক হৈ পৰিছিল আৰু তেৰবছৰ বয়সতহে তেওঁ পুনৰ কথা কৈছিল ৷ বহুতো ঘাট-প্ৰতিঘাটৰ মাজেৰে ডাঙৰ হৈ, জীৱিকাৰ বাবে বহু সংঘাত কৰিবলগা হৈছিল ৷ তেওঁ মাৰ্টিন লুথাৰ কিং ( জুনিয়ৰ) ৰ সহযোগী হিচাপে কাম কৰাৰ উপৰিও ঘানা আৰু ইজিপ্তত সাংবাদিকতাও কৰিছিল ৷ দুজনকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এঞ্জিল'উক চিনেটৰ বাবে মনোনীত কৰিছিল ৷ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ শপত সমাৰোহত তেওঁ 'On The Pulse Of Morning 'শীর্ষক কবিতা পাঠ কৰি, আমেৰিকাৰ দ্বিতীয় এনে ব্যক্তি হিচাপে পৰিগণিত হৈছিল ৷
পৃষ্ঠা ১৭
কবিতাঃ
তোমাৰ খিল খিল হাঁহিটো
হিৰণ্য বৰা
তোমাৰ খিল খিল হাঁহিটোৱে,
মোৰ জীয়াই থকাৰ অৱলম্বন ৷
তোমাৰ মাদকতা ভৰা চকুযুৰি,
মোৰ জীৱনৰ অনুপ্ৰেৰণা ৷
কিন্তু মোৰ ভয় হয় ,
তোমাৰ হাঁহি আৰু চকুযুৰি,
মোৰ মৃত্যুৰ কাৰণ নহয়তো !
ভয় নাখাবা,
তোমাক কোনেও নোদোষে,
মাথোঁ মোক বিকৃত মস্তিস্কৰ
মানুহ বুলি সকলোৱে হাঁহিব...।
পৃষ্ঠা ১৮
তুমি মোৰ প্ৰেৰণা হোৱা
মই হ'ম তোমাৰ প্ৰেয়সী
পাৰুল ডেকা
নিশাৰ ৰজনীগন্ধা ফুলিব লওঁতেই
পুৱতিৰ আশা বোৰ সাৰ পোৱালে,
দুই প্ৰহৰ অতিক্ৰমী
সময়ৰ বালিঘড়ীয়ে
এই বুলি ক'লে -
"তুমি মোৰ প্ৰেৰণা হোৱা
মইয়ে হ'ম তোমাৰ প্ৰেয়সী |"
আৰু...
মই হ'ম তোমাৰ অনুৰাগী
তুমিয়ে হ'বা মোৰ অনুৰাগ | "
অন্ধকাৰৰ দোমোজা ফালি
আঁকি দিবা ৰ'দালিৰ চুমাৰে
মোৰ দুগালত
মিঠা পৰশ,
আৰু জোনৰ জেউতিৰ সেই আলফুল হাঁহি |
একেলগে বহুদূৰ
আৰু বহুৰাতি
নিজান বাটেৰে
সপোন জাকৰ পম খেদি...
কেতিয়াবা মায়ানগৰী মুম্বাইৰ
সপোন অংকুৰিত গলিত
আকৌ, কেতিয়াবা
চেন্নাই মেৰিণা বিচ্চত,
সাগৰৰ পাৰত বহি
চাই ৰ'ম...
সপোনৰ বাটকুৰি বাই অহা
একাবেকা পথটো,
সপোনৰ ৰঙবোৰ চটিয়াই
শান্তিৰ জিৰণি ল'ম
তোমাৰ দুবাহুত,
চলি ৰব নিৰ্ৱিষ্ট বাৰ্তালাপ |
পেৰিছৰ আইফেল টাৱাৰৰ মন্মুখত
শপত খাম যুগে যুগে হিয়াৰ বান্ধোনত
তোমাৰেই নাম |
আশাৰ বালিঘৰ সাজি
ভাগৰৰ টোপনি যাম
তোমাৰ কোলাত,
মিচিচিপিৰ বহল পাৰত |
সমাধিস্থ কৰিছো আজি
নিমিলা অংক বোৰ... আৰু
উভতি নাযাওঁ অহা বাটে,
দৃশ্যমান লক্ষ্যস্থান |
দুগুণে বাঢ়িছে জানা
জীয়াই থকাৰো হেঁপাহ কণ |
তুমি মই মিলি আমি হোৱাৰ
প্ৰতিশ্ৰুতিৰে,
"তুমি মোৰ প্ৰেৰণা হোৱা
মইয়ে হ'ম তোমাৰ প্ৰেয়সী |"
পৃষ্ঠা ১৯
শিল
মণ্টু মৰাণ,
তালপথাৰ, তিনিচুকীয়া
শিল হোৱাটোও সহজ নহয়
ইমান
শিল, শিলৰ স'তেহে তুলনা কৰিব পাৰি
শিলৰো আছে নিজস্বতা
শেলুৱৈ ধৰা শিল কেঁচাপতিয়া
শিল
তিনিচুকীয়া, চাৰিচুকীয়া, ছচুকীয়া, অষ্টভুজিয়া,
ঘূৰণীয়া শিল
আকাশনীলা, পাতসেউজীয়া, মাটিবৰণীয়া,
হালধীয়া শিল,
চনকা, কঠিন, মজলীয়া
শিলৰো উপমা দিব পাৰি:
হৃদয় শিলৰ দৰে কঠুৱা
অথবা
শিল কঠুৱা হৃদয়
শিলেৰে ভেটি সাজিব পাৰি
সাজিব পাৰি ঘৰ
শিলেৰে ৰাস্তা নিৰ্মাণ কৰিব পাৰি
নিৰ্মাণ কৰিব পাৰি সাঁকো
শিল প্ৰেমিক হিয়া
শিল প্ৰেমিকৰ উপমা
নিজকে শিলৰ দৰে গঢ়িবলৈ
শিলেৰে কাটিব পাৰিব লাগিব
জীৱনৰ বাট
নিজকে শিল কৰি তুলিবলৈ সহজ নহয়
শিল মাথোঁ এটা পাথৰ নহয়
শিল এখনি হৃদয়
শিল এখন আকাশ
শিল বিশ্বাস
শিল প্ৰকৃতি
শিল ঈশ্বৰ।।
পৃষ্ঠা ২০
মুকুতা
দীপমণি দাস
৮১৩৩০৫৯৫৬১
কৰ্মদক্ষতা জীৱনৰ মুকুতা।
দক্ষতা কামৰ,
মুকুতা জীৱনৰ।
আকাশক খুজিলেই
তৰা নিদিয়ে।
'হে আকাশ, মোক তৰা এটি দিয়া'
এইবোৰ হ'ব পাৰে
গান
নতুবা শ্লোগান।
কৰ্মসংস্কৃতিৰেহে আনিব পাৰি তৰালি
সকলোৱে মিলিজুলি
এটি মনোৰম সন্ধিয়া নিৰিবিলি !
পৃষ্ঠা ২১
সাধনা
অপূৰ্ব শৰ্মা, দৰং
ফোন: 86382 72612
এই যে জীৱনটো
ইয়াতচোন কলমেই
মোৰ সাধনাৰ একমাত্ৰ সুঁতি
যি বৈ যায় হৃদয়ক চুমি
উন্মাদভৰা আকাশলৈ
অবিকলভাৱে...।
মই কলমেৰে
উকা পৃষ্ঠাবোৰত
অংকন কৰি যাওঁ
সুখ-দুখৰ অলেখ ৰঙীন চিত্ৰক ;
সেইদৰে কলমেও নিয়ন্ত্ৰণ কৰে শব্দ ৰাশিৰে
মোৰ উজাগৰী ৰাতিৰ অশ্ৰুতিতা আশাবোৰক
কিম্বা দোকামোকালিৰ সেমেকি থকা হাঁহিটিক
এক হৃদয়ৰক্ষী আৱৰণৰূপে।
সেয়ে মই সাধনা কৰো নীৰৱ সময়ত
কলম আৰু কাগজৰ সৈতে মিলি আপোন ভাৱত।
পৃষ্ঠা ২২
আশা আছে বাবে তুমি ধুনীয়া
ৰিণ্টু টায়ে
জীয়াই থাকিব বিচাৰোঁ
মৰণকো নেওচি
আই চৰণ চুমি,
হেৰুৱাব নিবিচাৰোঁ
পুৱাৰ বেলি
আই তোমাৰ কোলাৰ ধূলি।
কাজিয়া কৰা ল'ৰালি
শৈশৱৰ ধেমালি
মোৰ চিত্তই বিনোদন পায়।
আই মাতৃৰ মৌসনা মাত,
আপোন ঘৰখনি সৰগৰ নিবাস
কুশল কামনাৰে প্ৰাৰ্থনা সভা,
প্ৰতিদিনে থাপনাত
এই ৰূপ তুলনা নাই!
কল্কলাই
মাতৃৰ ভাগৰ পলুৱাই
দেৱ শিশু ইয়াতে পায়!
এই সুখ সৰগতো নাই।
প্ৰকৃতিৰ বুকু আৱৰি
অৰূপ সৃষ্টি
নৈ, নিজৰা,পৰ্বত, পাহাৰ,
মৰুভূমি, সাগৰ মধুৰ সমাহাৰ!
চন্দ্ৰ তৰাখচিত ৰাতিৰ আকাশ,
আই মাতৃৰ কোলাত দেখিলো সমস্ত প্ৰকাশ।
পৃথিৱীৰ মোহ এৰি
মৰণৰ দুৱাৰ ডলিত
গচকিলে ঘূৰি ঘূৰি চাম,
কোনে জানে ?
আইৰ এই ৰূপ আকৌ দেখিবলৈ পাম নে নাপাম !!
পৃষ্ঠা ২৩
নিচা
বিকাশ শৰ্মা
প্ৰথম পেগটো জালুকবাৰীৰ
ডিঙিত পৰি ছটফটাই আছে
দ্বিতীয় পেগটো দীঘলীপুখুৰীৰ
ডিঙিত পৰি মাতাল হৈ
ছোৱালী খেদি ফুৰিছে
তৃতীয় পেগটো জুবিন গাৰ্গৰ
ডিঙিত পৰি ফুটপাথত
লাচিত বৰফুকনক হাতত ধৰিছে
ধেৎ চাল্লা...
চিগাৰেটৰ ধোঁৱাৰ উৎপাতত
চিটিবাছবোৰ পংগু হৈছে
তুমি আজি নীলা ফ্ৰক পিন্ধি
আহিব নালাগে...
মোৰ নিচাই অশ্লীল হৈ তোমাৰ
গুলপীয়া ওঁঠত ঢৌ খেলিব পাৰে
তুমি অভিমান নকৰিবা
মই তোমাক আজি লগ কৰিব নোৱাৰোঁ
মই নিচাত আছোঁ
আজি মই মৃত অ'লা, উবেৰৰ কোলাত শুই আছোঁ
তুমি জানানে ?
তুমি মোৰ নিচাৰ সাগৰত
ডুবি থকা মিছা পখিলাজনী
মোৰ ভালপোৱাৰ একুৰিয়ামত
থকা কবিতাবোৰ তুমি
মোৰ নিচাৰ বৰষুণজাকত
ওলাই নাহিবা তুমি
তোমাৰ গাভৰু শৰীৰ নিচাৰ পানীৰে অস্পষ্ট হ'ব পাৰে
সেইবাবেই কৈছো...
আজি নালাগে দিয়া
বেলেগ এদিন আহিবাচোন...
পৃষ্ঠা ২৪
কুৎসিত
জুপিতৰা মহন্ত
জাজৰী, নগাঁও
আন্ধাৰবোৰৰ প্ৰতি প্ৰেম ভাব জগাবলৈ যত চেষ্টা।
পোহৰ পিয়াসী মইজনীক অন্ধকাৰ
কুপলৈ ঠেলাৰ যত চেষ্টা।
আগতকৈ কুৎসিত হ'ব পাৰো
কিন্তু,
শক্তিশালী হ'লো।
প্ৰেম জোৰ কৰি পাব নোৱাৰি।
হেজাৰ ধমক পাইও
মই পিছ হোহোকি অহা নাছিলোঁ।
জীৱন ধ্বংস হ'ব বুলি তুমি ভাবিছিলা,
ক'তা, মইজনীক শক্তিৰ সৈতেহে
পৰিচয় গঢ়ি দিলা।
এচিড দলিয়াই মোৰ মুখখনহে কুৎসিত কৰিলা
এতিয়াটো জীৱনটোক পুৰাদমে ভাল পাব শিকিছোঁ
নিজকে সজাই ভাল লাগে জানা,
চকু কেইটা কাজলেৰে বুলাই
নিজেই নিজৰ প্ৰেমত পৰোঁ।
খোপাটোত ফুল পাহ গুজি ,
পখিলিজনী হৈ থাকিবলৈ ভালপাওঁ
প্ৰেমৰ আৰাধনা কৰি।
পোহৰৰ দিশে বাট বুলো।
আন্ধাৰ নাশি পোহৰক আঁকোৱালি।
(এচিড attac ৰ বলি হোৱা প্ৰতিগৰাকী নাৰীৰ হাতত তুলি দিলোঁ মোৰ এটি সৰু সৃষ্টি)
পৃষ্ঠা ২৫
গুপুত বেদনা
কবি দত্ত বৰুৱা
তাইৰ সতে
মোৰ সম্পৰ্ক
প্ৰায় এৰা-এৰি ।
তাইৰ বাবে শব্দৰ
পোছাক বিচাৰি
চলাথ কৰিলো এদিন বিশাল মাৰ্কেট ।
নাই, নাপালো।
তাইৰ ডিঙিৰ জোখাকৈ
মনৰ জোখাৰে শব্দৰ পোছাক
এই দিন ধৰি তাই ,
পেটে -পেটে মোক বেয়া পায় !
ময়ো আগৰ দৰে সহজ হ'ব পৰা নাই ।
ভাল লাগে দূৰে দূৰে চাই
তাইৰ ৰেহ-ৰূপ
মোৰ কথা নিঃৰস
তাই মোৰ পিনে ঘূৰিয়ে নাচায়।
মই হেনো তাইক মুঠেই
সময় দিব পৰা নাই
কাব্যদিনৰ ৰেষ্টুৰেণ্টত এদিনো তাইক সংগ দিব পৰা নাই ।
সেই বাবে তাই ,
আজি কালি মোৰ লগত
মাতবোল নাই।
কবিতাৰ প্ৰেমত পৰা
সেই সন্ধিয়াবোৰ
ঢৌ খেলা নদীৰ
নীৰৱতা!
এতিয়া স্মৃতি
যেন -পঁইতা ভাত ,
দঁতাল হাতীৰ
নিতাল খোজত কেতিয়াবা শুনো
তাইৰ মাত ।
পৃষ্ঠা ২৬
আন্ধাৰ
ময়ুৰী গোস্বামী
বালিগাঁও, যোৰহাট
ফোন:-7086352335
আন্ধাৰৰ সুযোগলৈ স্বাভিমানী মনটোৱে যেতিয়া মোক তাচ্ছিল্য কৰে ...
মোৰ চকুহালে উদাসী বাগৰ সলায়।
নাজানো এই অভিমানবোৰৰ সমাধি বা ক'ত অথবা কেতিয়া ?
অৱশ্যে সেই আন্ধাৰতেই ওমলি থকা নিঃশব্দতাৰ আঁৰৰ জোনাকীজনীয়ে
বিষাদৰ অৱকাশ আঁতৰায়...
মোৰ চৌপাশত এমুঠি জোনাক চতিয়াই !
সেই আশাৰ জোনাকত মই পুনৰ এটি নতুন সপোন দেখোঁ।
কোনেনো কয় ..
আন্ধাৰে মাত্ৰ বিষাদহে নমাই...?
আন্ধাৰতেই দেখোন নতুন নতুন সপোন দেখা যায়...!
পৃষ্ঠা ২৭
সপোন
চম্পা দাস দুৱৰা
শিৱসাগৰ
বৰ্ষাৰ বুকুত
নামি আহে
এজাক সপোন
লহপহীয়া
সাজোন কাচোন
তলমল কৰে
দুচকুত ৷
আশা, সম্ভাৱনাৰ বীজে
খোপনি পোতে
উদং পথাৰত
ভৰুণ হ’ব সপোন
পূৰণ হ’ব জীৱন
স্ফীত হ'ব ৰাংঢালীৰ হাঁহিটো।
পৃষ্ঠা ২৮
ভ্ৰম
জাহ্নৱী কাকতি
দূৰৈৰ পাহাৰত জিলিকিছিল
এটি ভোটা তৰা
মাটিৰ চাকিটো ফুৱাই থৈ
মই পিন্ধি লৈছিলোঁ শিলৰ চোলা
প্ৰতিটো বাধা, সংঘাত নেওচি
বগাইছিলোঁ অহৰহ
পাহাৰৰ ওখ চুড়া
শিখৰ পাই বিকল হ'ল
কপাহী কলিজা
এৰা!
সেয়া জানো আছিল
ভোটা তৰা।।
পৃষ্ঠা ২৯
আজিকালি ৰখা নহয়
মোৰ পৃথিৱীৰ খবৰ
বিশ্ববন্ধু হিউম্যান
আজিকালি ৰখা নহয় মোৰ
পৃথিৱীৰ খবৰ¸
কিয়নো মোৰ হৃদয় সৰোবৰত এতিয়া নুফুলে কমল পুষ্প
আজিকালি ভাল খবৰবোৰৰ বাবেও
কৰা নহয় আনন্দ-উল্লাস
অথবা
বেয়া খবৰবোৰৰ বাবেও
কৰা নহয় দুখ¸ খং¸ আক্ষেপ...
কিয়নো মই যে এতিয়া প্ৰবৃত্তি-আৱেগ-অনুভূতিহীন
এটি নিৰ্জীৱ মানৱ প্ৰাণী ।
পৃষ্ঠা ৩০
চাকনৈয়াত বিলীন বুৰঞ্জী
দীপাংকৰ ভূঞা
নগাঁও
ফোনঃ 7002858876
এইখিনিতে এসময়ত এওঁলোকে
এটি বাখৰুৱা সপোন গুজোতে
এটি আপোন ঘৰ
এটি চেনেহৰ চুবুৰী
এখন হেঁপাহৰ গাওঁ হ'ল !
ঘৰে ঘৰে পোহমনা জীৱ
ছালে ছালে লাও জিকা ভোল
এখন সেউজীয়া পথাৰ
এখন সুন্দৰ সমাজ
এটি বুদ্ধৰ আলয়
একেডাল জৰীৰে বান্ধ খালে !!
এদিন আপদালৰ ভেটিতো নোহোৱা হ'ল
নোহোৱা হ'ল
হেঁপাহৰ গাওঁখন নোহোৱা হ'ল
তিনিআলি, চাৰিআলি .…..
নোহোৱা হ'ল
আমতল, অৰ্জুনতল, বৰতল, শিমলুতল…..
নোহোৱা হ'ল
সপোনৰ সমাজখন !
প্ৰযুক্তিৰ চাকনৈয়াত বিলীন হ'ল বুৰঞ্জী !
পৰিচয় হেৰাল কুটুমে কুটুমে !
হেৰাই গ'ল শিপাদাল !
পৃষ্ঠা ৩১
নোজোখা উশাহ সত্তৰটা
শিবানী হাজৰিকা
দেৰগাঁও
আজি যদি তেওঁ আহে, মই সাৰে নাথাকো ৷
দুৱাৰ মুখৰ দূৱৰি গচকি
শিলত উজুটি খাই
মই নাযাওঁ তেওঁক চাবলৈ ৷
হাউলি যোৱা বাঁহ জোপাৰ পাত এটাত ধৰি
নাচাওঁ ধাননিৰ সিপাৰৰ তাৰ নীলা চাংঘৰটো
হাতেৰে বনাই নিনিও জলপানৰ বাতিটো কালিলৈ ৷
নুশুনো চিফুং…
নুসুধো দুই খোজৰ মূৰে মূৰে আৰু কেইপৰ বাট ?
কাষেৰে পাৰ হৈ যাওঁতে নোজোখো তাৰ বুৰুৰ শব্দৰ টান ৷
পানীত ঢৌ কেইটা, বতাহত কিহৰ সুৰ ?
মাছৰ কি মায়া, হাতখন কঁপিছে মোৰ ৷
নোজোখা উশাহ সত্তৰটা
নোকোৱা কথা সাত
নাচাওঁতেই বাৰ বছৰ ছয় মাহ
তথাপিও কৈছো,
নুশুনো, নাযাওঁ , নিদিওঁ নোজোখো
তোলপাৰ নিৰাশাৰ অন্ধকাৰ বাট ৷
পৃষ্ঠা ৩২
শাওণ
ঝৰ্নালী শৰ্মা বৰকটকী
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং ৯১০১৮৬০৩৫৯
চাঁত মৰা বিজুলীৰ পোহৰত
সেউজীয়া সপোনৰ
দোকোলটকা বানে
কেৰকণ বিজুলীহঁতৰ মনত
উলাহে নধৰা কৰে।
দোকমোকালিতে যৌৱনোদয়
ডেকা গাভৰুৰ শব্দৰ কিৰীলিত
ভৰুণ হৈ উঠে
পথৰুৱা মাটিডৰা।
আঠুৱনী পানীত
গৰুৰ খোজৰ শব্দই
শিপাই তোলে
জীয়া মানুহৰ সপোন
ভৰিৰ পৰা বুকুলৈকে।
বাখৰুৱা ৰʼদজাক
পিঠিতে বান্ধি ঘৰমুৱা হয়
ভাগৰুৱা দেহাটি
দেহ জুৰুৱা নিশাৰ ৰাগিত
সোণালী আঘোণৰ
কেকো -জেকো কৈ
সৰগীয় সপোন ৰ'চে।
পৃষ্ঠা ৩৩
অনুভৱঃ
হৃদয়ৰ কিছু অনুভৱ...
জ্যোতিমণি শইকীয়া বৰুৱা।
টেকেলা গাঁও,যোৰহাট।
২০২০ বৰ্ষৰে পৰা সময়ৰ দৌৰত ক'ৰণা, কোভিড-19, লকডাউন, আনলক, কাৰ্ফিউ আদি শব্দৰ মেৰপাকত বিধ্বস্ত হৈ আছোঁ আমি! হেণ্ডৱাছ, মাস্ক, চেনিটাইজাৰ আদি হৈ পৰিছে সাৱধানতাৰ কৱচ স্বৰূপ। তলা বন্ধ জীৱনটোৱে মনস্তাত্বিক দিশটো ক্ষতিগ্ৰস্ত কৰি তুলিছে। সমাজৰ জীৱন-জীৱিকাৰ চিন্তা কৰা লোকসকলৰ বাবে সময় হৈছে অভিশাপ স্বৰূপ। সামাজিক দূৰত্বই বঢ়াইছে মানসিক অস্থিৰতা। শিক্ষাজগত হৈছে সম্পূৰ্ণ ইণ্টাৰনেট নিৰ্ভৰ। শিশু সকলৰ ভৱিষ্যত যেন হৈ পৰিছে ধূসৰ। স্তব্ধ হৈছে অন্তহীন দৌৰ।
এই সময়ছোৱাত সম্পূৰ্ণ সক্ৰিয় হৈ আছে কিন্তু ভাৰ্চুৱেল জগতখন। ভাৰ্চুৱেল জগতখন বহুতৰ বাবে এতিয়া একপ্ৰকাৰ মানসিক সন্তুষ্টিৰ আহিলা। প্ৰস্ফুটিত হৈছে ন ন সৃষ্টিৰ সম্ভাৱনা। সৃষ্টি হৈছে ন ন লেখা আৰু লেখকৰ। গতিকে ফেচবুকৰ প্ৰতি আমাৰ আছে এক ইতিবাচক কৃতজ্ঞতা।
এইখিনিতে উল্লেখযোগ্য যে ফেচবুকৰ অপব্যৱহাৰ কৰিলে বিৰূপ প্ৰতিক্ৰিয়া নোহোৱা নহয়। কিছুমান এনে লোক আছে যি সদায় ঠগ-প্ৰৱঞ্ছনাৰে মানুহক দিশহাৰা কৰিবলৈ সদা-সচেষ্ট।
কিন্তু ঠগ-প্ৰৱঞ্ছনা অতীতৰ পৰাই চলি আহিছে। ফেচবুক ওলোৱাৰ পৰা নহয়। প্ৰতিটো কথাতে আন্ধাৰ আৰু পোহৰ দুয়োটা দিশ থাকে। আহক আমি পোহৰৰ দিশে অগ্ৰসৰ হওঁ...।
পৃষ্ঠা ৩৪
আমাৰ চাৰিওফালৰ পৰিৱেশ
বিজু বসাক
আমাৰ চাৰিওফালৰ পৰিৱেশ দিনে দিনে বিশৃংখল হৈ পৰিছে। এক কথাত ক'বলৈ গ'লে ইয়াৰ বাবে দয়ী আমি নিজেই , কাৰণ আমিয়ে গছ লতা কাটি টহিলং কৰিছোঁ, আমিয়ে বন্য প্ৰাণী হত্যা কৰি আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিছোঁ, আমিয়ে পশুকুলক খাদ্য সংকটত ভোগাইছোঁ, আমিয়ে বায়ু পদুষণ, জল পদুষণ, স্থল পদুষণ, শব্দ পদুষণ আদি কৰি প্ৰাকৃতিক ভাৰসাম্য নোহোৱা কৰিছোঁ, আমিয়ে অমানুহৰ দৰে আচৰণ কৰিছোঁ, জ্ঞানীহৈও অজ্ঞানীৰ দৰে কৰ্ম কৰি মানৱ জাতিৰ সৌৰ্য-বীৰ্য ভৰিৰে মোহাৰিছোঁ। এষাৰ কথা আছে " আমাৰ চাৰিওফালৰ পৰিবেশৰ অনুসৰিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মই নিজকে গঢ় দিয়ে।" তেন্তে আমি নিজেই নিজকে ধ্বংস পথলৈ ঠেলি দিয়া নাইনে ? মানুহ হিচাপে আমি কৰিব লাগিছিল কি আৰু কৰিছোঁ কি ? এবাৰ ভাবিবলৈকো অৱকাশ নোহোৱা আমি বৰ্তমান জীৱ শ্ৰেষ্ঠৰ নামত পৃথিৱীৰ কলঙ্কহে যেন হৈ পৰিছোঁ।
সাম্প্ৰতিক সময়ত নাৰী নিৰ্যাতন, শিশুশ্ৰমিক, বৃদ্ধ-বৃদ্ধা পিতৃ-মাতৃক অৱহেলা, অত্যধিক আধুনিকীকৰণ, পৰিবৰ্তনৰ নামত বহুৱালি, সাজপাৰৰ নামত সভ্যতাক ভেঙুচালি আদিৰ দৰে কাৰ্য সমূহে আমাৰ পৰিবেশত প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰিছে। যাৰ ফলত নিত্য নতুন সমস্যাৰ সৃষ্টি হৈছে।
পাশ্চাত্যকৰণৰ নামত অপসংস্কৃতি গ্ৰহণ, মদ্যপান, বিভিন্ন নিষিদ্ধ নিচা যুক্ত দৱ্য গ্ৰহণ আদিয়ে আমাৰ পৰিবেশক পংগু কৰি পেৰলাইছে। গতিকে
মানুহ হিচাপে এনেকুৱা ঘটনা বন্ধ কৰিবলৈ আগবাঢ়ি অহাটো উচিত । এতিয়াই আমি আমাক শুধৰাই নল'লে আগামী দিনৰ ল'ৰা ছোৱালীৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিব পাৰে ।
মানুহ হিচাপে মানুহৰ গুণ আহৰণ কৰাটো অতি আৱশ্যক। য'তে ততে থু-খেকা পেলোৱা , শৌচ প্ৰস্ৰাৱ কৰা, জাবৰ-জোঠৰ পেলোৱা, এই বিলাকেই হ'ল পৰিৱেশ নষ্ট হোৱাৰ কিছুমান জ্বলন্ত উদাহৰণ।
মানুহ হিচাপে আমাৰ চাৰিওফালৰ পৰিবেশৰ প্ৰতি আমাৰ দায়িত্ব আছে। এই দায়িত্ব পালনৰ দ্বাৰাহে আমি এটা সুস্থ সৱল পৰিবেশ পাব পাৰোঁ।
পৃষ্ঠা ৩৫
শিশু বিশেষঃ
যোগ পৰিচয়ঃ ১
চিন্ময়ী দাস
কামৰূপ
যোগ কি ?
যোগ পদ্ধতিৰ দ্বাৰা মানৱ শৰীৰৰ আভ্যন্তৰীণ ক্ষমতাসমূহ বিকাশ ঘটাই তুলিব পাৰি। সিন্দুৰ লগতে বৌদ্ধ আৰু জৈন ধৰ্মৰ বিভিন্ন গ্ৰন্থতো যোগাভ্যাসৰ বিষয়ে উল্লেখিত পোৱা যায়। ঐতিহ্যময় ভাৰতীয় সংস্কৃতিৰ এক পৰিচয় ৰূপে অতীজৰে পৰা যোগাভ্যাসে দখল কৰি আহিছে এখন উল্লেখযোগ্য স্থান। যোগ শব্দটো আহিছে সংস্কৃত শব্দ 'য়ুজ'ৰ পৰা, ইয়াৰ অৰ্থ হৈছে একত্ৰিত কৰা বা যোগ কৰা। নাথযোগী সকলৰ মতে শিৱ হৈছে যোগৰ প্ৰথম গুৰু অৰ্থাৎ আদিগুৰু । বহু হাজাৰ বছৰ আগতে হিমালয়ৰ কান্তি সৰোবৰৰ পাৰত আদিযোগী শিৱয়ে সপ্তৰ্ষিমণ্ডলৰ লগত যোগৰ বিষয়ে আলোচনা কৰিছিল । সিন্ধু-সৰস্বতী সভ্যতাৰ ধ্বংসৱশেষত পোৱা যৌগিক সাধনাৰ দৃশ্যই এয়ে প্ৰতিপন্ন কৰে যে যোগ সাধনা অতি প্ৰাচীন । যোগৰ কথা পুৰণি লোক সংস্কৃতি, সিন্ধু সভ্যতা, বৈদিক আৰু উপনিষদৰ পাতত, দৰ্শন, মহাভাৰত বা ৰামায়ণ, শিৱ পূৰাণ, বৈষ্ণৱ, তন্ত্ৰ পুৰাণৰ উপৰিও বৌদ্ধ আৰু জৈন ধৰ্মৱালম্বীৰ গ্ৰন্থবোৰত উল্লেখ আছে।
২৫০০ বছৰৰ আগতেই মহৰ্ষি পতঞ্জলিয়ে ১৯৬ টা যোগসুত্ৰৰে ‘পতঞ্জলিৰ যোগসূত্ৰ’ৰ উদ্ভাৱন কৰিছিল বুলি জনা যায়। পতঞ্জলিৰ পিছত বহুতো জ্ঞানী ঋষি আৰু মহাঋষিয়ে যোগ সাধনাৰ ক্ষেত্ৰত নিজৰ নিজৰ অৱদান আগবঢ়াই গৈছে । কোৱা হয়, ৫০০শৰ পৰা ৮০০শ শতিকাৰ মাজৰ সময় খিনিয়ে আছিল যোগৰ উন্নয়নৰ সময়। ভাৰতবৰ্ষত এই সময়ছোৱাক দুটা মূল ধৰ্মগুৰুক সমৰ্পিত কৰিব পাৰি এজন হৈছে গৌতম বুদ্ধ আৰু আনজন হৈছে মহাবীৰ । তেতিয়া মহাবীৰৰ পঞ্চ মহাভাৰত আৰু বুদ্ধৰ আংগিক মাৰ্গৰ দ্বাৰা যোগ সাধনাৰ প্ৰতিষ্ঠা হৈছিল । ভাগৱৎ গীতাতো জ্ঞান যোগ, ভক্তি যোগ আৰু কৰ্ম যোগৰ বিষয়ে বিস্তৃত ভাবে উল্লেখ পোৱা যায় ।
যোগ কিয় কৰিব লাগে ?
বিশ্বৰ বিভিন্ন গৱেষণাৰ দ্বাৰা ইতিমধ্যে প্ৰমাণিত হৈছে যে, নিয়মীয়া যোগাভ্যাসে শৰীৰৰ বহু জটিল ৰোগকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যা সমাধানৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা পালন কৰে। বৰ্তমান ব্যস্ত আৰু বিভিন্ন মানসিক চাপেৰে ভৰা জটিল কঠিন পৰিৱেশৰ মাজত বিভিন্ন ব্যক্তি ভাৰাক্ৰান্ত হৈ থকা দেখা পোৱা যায়। এইক্ষেত্ৰত যোগাভ্যাসে এক মানসিক প্ৰশান্তি দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যোগাসনৰ ফলত আমাৰ শৰীৰত থকা নিষ্ক্ৰিয় গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে আৰু ইয়াৰ ফলত শৰীৰত সোনকালে বয়সৰ চাপ নপৰে। লগতে যোগে আমাৰ পেটৰ ভিতৰৰ পাচন তন্ত্ৰৰ পুষ্ট কৰি বিভিন্ন কাৰ্য সম্পাদন সহজ কৰি তোলে । ইয়াৰোপৰি বিভিন্ন যোগাসনে মেৰুদণ্ড আৰু ৰাজহাড় শক্তিশালী কৰি শৰীৰৰ হেৰুওৱা শক্তিবোৰ ঘূৰাই পোৱাত সহায় কৰি তোলে। লগতে যোগাসনে শৰীৰৰ মাংসপেশীক শক্তিশালী কৰি তোলে আৰু মেদবহুলতা ৰোধ কৰাত সহায় কৰে। দুৰ্বল-পাতল ব্যক্তিক সুস্থ সবল কৰি তুলি শক্তিশালী কৰি তোলে। যোগাসনে বুদ্ধিৰ লগতে স্মৃতিশক্তিৰো বিকাশ কৰাটো সহায় কৰে। যোগে শৰীৰত ৰক্ত সঞ্চালনাত সহায় কৰে আৰু মনক স্থিৰতা প্ৰদান কৰে। শ্বাস-প্ৰশ্বাসৰ বাবেও যোগ উপকাৰী। যোগে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই দিয়ে আৰু ঔষধৰ ওপৰত থকা নিৰ্ভৰশীলতা কমাই আনে। মূলতে দেখা যায় যোগে শাৰীৰিক, মানসিক, বৌদ্ধিক, আত্মিক সকলো দিশৰ বিকাশ সাধন কৰে। সুস্থ শৰীৰৰ বাবে যোগ হৈছে আশীৰ্বাদস্বৰূপ।
যোগ কেনেকৈ কৰা হয় ?
যোগক সাধাৰণতে আঠ প্ৰকাৰে ভগোৱা হৈছে; সেয়া হৈছে যম, নিয়ম, আসন, প্রাণায়াম, ধ্যান, ধাৰণা, প্ৰত্যাহাৰ আৰু সমাধি। ইয়াৰে যম মানে হৈছে অহিংসা, সত্য, ব্রহ্মচাৰ্য্য, অপৰিগ্ৰহক আকোঁৱালি লোৱা। এয়া হৈছে যোগৰ আভ্যন্তৰীণ ৰূপ । ইয়াক মানিবৰ বাবে সাধাৰণতে প্ৰচণ্ড ত্যাগৰ প্ৰয়োজন। দ্বিতীয়তে নিয়ম হৈছে পাঁচটা - শৰীৰ আৰু মনৰ শুদ্ধি, সন্তোষ, তপ, আত্মচিন্তন আৰু ঈশ্বৰ প্ৰণিধান । আসন হৈছে শাৰীৰিক অনুশীলনৰ দ্বাৰা দেহক স্থিৰ কৰা এক প্ৰক্ৰিয়া। প্রাণায়াম হʼল উশাহ-নিশাহেৰে প্ৰাণৰ ওপৰত নিয়ন্ত্ৰণ কৰা । ইয়াৰোপৰি প্ৰত্যাহাৰ হৈছে ইন্দ্ৰিয়ৰ অন্তৰ্মুখী কৰণ বা মোহবন্ধন ত্যাগ। ধ্যান হৈছে নিৰন্তৰভাৱে মনক স্থিৰ কৰিবলৈ চেষ্টা কৰা প্ৰক্ৰিয়া। আকৌ ধাৰণা হৈছে মনক বশ কৰা বা মনত একাগ্রচিত্ত কৰা। সৰ্বশেষত সমাধি হৈছে আত্মা আৰু মনৰ একান্ত মিলনৰ বা কৰা প্ৰক্ৰিয়া।
যোগক যোগৰ কার্যক্ষমৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগত ভাগ কৰা হৈছে।
সেয়া হৈছে -
কৰ্ম যোগ,
ভক্তি ৰোগ,
জ্ঞান যোগ,
ক্ৰিয়া যোগ।
কৰ্ম যোগ হৈছে য'ত দেহক কাৰ্যক্ষম কৰি কৰ্মজীৱনত মনোনিবেশ কৰোঁ । ভক্তি যোগ হৈছে য'ত ভাৱনাক কাৰ্যক্ষম কৰি ঈশ্বৰ প্ৰণিধানেৰে জীৱন পৰিচালনা কৰোঁ। জ্ঞান যোগ হৈছে য'ত মন আৰু সৃষ্টিশীল স্বভাৱক কাৰ্যক্ষম কৰি জ্ঞান অৰ্জনেৰে জীৱন আৰু সমাজ পৰিচালিত কৰোঁ। শেষত ক্ৰিয়া যোগ হৈছে য'ত নিজ শক্তিক কাৰ্যক্ষম কৰি তোলোঁ।
বিঃদ্ৰঃ যোগ অভ্যাসৰ বাবে যোগাযোগ কৰিব পাৰে - ৮৪৭৪৮২৫৩১১।
পৃষ্ঠা ৩৬
ভ্ৰমন কাহিনীঃ
মোৰ ভ্রমণ ডায়েৰী : ১৯
কন্যাকুমাৰী
শমীষ্ঠা বৰ্মন
নতুন দিল্লী
'মাদুৰাই'ৰ পৰা ৰেলেৰে আহি দোকমোকালিতে আমি 'কন্যাকুমাৰী' গৈ পাইছিলোঁ ৷ আমাৰ বস্তু-বাহানিবোৰ গাড়ীত লৈ 'ড্রাইভাৰ'জন আমাতকৈ আগত আহি 'কন্যাকুমাৰী'ৰ ৰেল 'ষ্টেচন'ত ৰৈ আছিল ৷ তাৰ পৰাই আমাক Sunrise view point লৈ গৈছিল ৷ তেতিয়াও ভালদৰে পোহৰ হোৱাই নাছিল ৷ আমি যোৱাৰ পাছত লাহে লাহে আৰু মানুহ আহিবলৈ ধৰিছিল ৷ সূর্যোদয় হোৱাৰ পূর্বে মাছমৰীয়া কেইজনমানে দূৰৰ পৰা নাৱেৰে পাৰৰ ফালে আহি থকা দেখিবলৈ পাইছিলোঁ ৷ সিহঁতৰ বহুতে বিভিন্ন ধৰণৰ সাগৰীয় মাছ , মণি-মুকুতা কঢ়িয়াই আনিছিল ৷ সাগৰৰ পানীত সিহঁতৰ জীৱনৰ দৃশ্যবোৰ চাই চাই মনত বিভিন্ন ধৰণৰ ভাৱৰ উদয় হৈছিল ৷
লাহে লাহে পুৱাৰ বেলিটি উদয় হ'বৰ সময় হৈছিল ৷ কিন্তু আমাৰ দুর্ভাগ্য যে সেইদিনা বতৰ ডাৱৰীয়া আছিল ৷ বহুপৰ বোন্দাপৰ দিয়াৰ পাছতো পুৱাৰ সূৰুযটো স্পষ্টকৈ দেখা পোৱা নাছিলোঁ ৷ ইতিমধ্যে সূর্যোদয় হ'ব ধৰিছিল যদিও ঘন ডাৱৰে সূৰুযটোক ঢাকি ৰাখিছিল ৷ হঠাৎ কেতিয়াবা কেতিয়াবাহে সূর্য্যটোক দেখিবলৈ পাইছিলোঁ ৷ মনটো অলপ বেয়া হৈছিল যদিও যি দেখিছিলোঁ তাতেই সন্তোষ্ট হ'বলগীয়া হৈছিল ৷
সূর্য্যোদয় চাবলৈ বহি থকাৰ সময়ত কেইজনমান বেপাৰীয়ে মুকুতাৰ মালা বিক্রি কৰিবলৈ আহিছিল ৷ সিহঁতে যিমান দাম কৈছিল তাৰ আধাৰো আধা দামত কেইডাল মান মুকুতাৰ মালা কিনি লৈছিলোঁ ৷ আন কেইজনমান বেপাৰীয়ে 'ফল্ডিং' চশমা বিক্রি কৰিবলৈ আহিছিল ৷ বাৰ শ' টকা দাম কৈছিল ৷ কমাওঁতে কমাওঁতে এশ' টকাত এনেয়ে ফূর্তিতে এযোৰ কিনি লৈছিলোঁ ৷ বাৰ শ' টকাৰ চশমা এশ' টকালৈকে কমাবলৈ পাই সৰু ৰণ এখন জিকা যেন লাগিছিল ৷ কিছুপৰ পাছত সেই একে চশমা মহাই ষাঠি টকাত কিনিছিল ৷ কথাষাৰ গম পোৱাৰ লগে লগে ক্ষন্তেক আগত জিকা সৰু ৰণখনত পুনৰ হাৰি যোৱা যেন লাগিছিল ৷ লাহে লাহে আমি সেই ঠাইৰ পৰা Tamilnadu Tourismৰ Guest Houseৰ ফালে খোজ লৈছিলোঁ ৷ আমাৰ গাড়ীখনে ইতিমধ্যে বস্তু-বাহানি লৈ আগতেই গুচি আহিছিল ৷ সেই ঠাইৰ পৰা Guest Houseৰ দূৰত্ব বৰ বেছি নাছিল বাবে আমি খোজ কাঢ়ি আহিছিলোঁ ৷ Morning walk কৰাৰ দৰে লাগিছিল ৷
Guest House টোত আমি তিনিটা Room লৈছিলোঁ ৷ Room কেইটা বৰ আহল-বহল আৰু প্রকাণ্ড আকাৰৰ আছিল ৷ ডাঙৰ বাৰাণ্ডা এখন আছিল ৷ তাৰ সমুখত কেইজোপামান তাল গছ আছিল ৷ বাৰাণ্ডাৰ সমুখৰ আন এটা Guest House ৰ মূধচত কেইজনীমান মৰা চৰাই বহি আছিল ৷ ল'ৰা-ছোৱালীকেইটাই বাৰাণ্ডাত আপোনমনে খেলি খেলি মৰা চৰাইকেইটাক চাই আছিল ৷ মা-দেউতা আৰু আমি ওচৰা-ওচৰিকৈ আছিলোঁ ৷ মাহী দুজনী , মহা আৰু ননদ দুজনী আমাৰ পৰা কিছু নিলগত আছিল ৷
আমি আটায়ে গা-পা ধুই চাহ-জলপান খাই Vivekananda Rock Memorial চাবলৈ ওলাই গৈছিলোঁ ৷ কাপোৰ আৰু আন পিন্ধন-উৰণৰ সামগ্রীৰ বজাৰ এখন পাৰ হৈ Vivekananda Rock Memorial লৈ যাবলৈ টিকট ল'বলৈ টিকট ঘৰৰ সমুখত শাৰী পাতি থিয় হৈছিলোঁ ৷ লাহে লাহে প্রকাণ্ড টিকট ঘৰটোৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত ঠায়ে ঠায়ে বহিবলৈ থোৱা আসনবোৰত বহিছিলোঁ ৷ মানুহৰ বৰ ভীৰ আছিল যদিও মাজে মাজে বহিবলৈ সুবিধা কৰি দিয়া বাবে দীঘলীয়া শাৰীত থিয় হোৱাৰ কষ্ট বহুখিনি লাঘৱ হৈছিল ৷
টিকট লোৱাৰ পাছত শাৰী পাতি গৈ Safety Jacket পিন্ধি জাহাজ এখনত উঠিছিলোঁগৈ ৷ সাগৰৰ পানীত জাহাজখনে মাজে মাজে যেতিয়া তুলুং ভুটুং কৰিছিল , আমি ভয়তে চিঁঞৰ-বাখৰ কৰিছিলোঁ ৷ জাহাজখন গন্তব্যস্থলী গৈ পাওঁতে বেছি সময় লগা নাছিল ৷ জাহাজখনৰ পৰা নামি পুনৰ শাৰী পাতি আমি স্বামী বিবেকানন্দৰ স্মৃতিসৌধলৈ উঠি গৈছিলোঁ ৷
১৯৭০ চনত Vivekananda Rock Memorial নির্মাণ কৰা হৈছিল ৷ সাগৰৰ মাজৰ এই শিলতে বহি স্বামী বিবেকানন্দই তপস্যা কৰিছিল ৷ এই শিলৰ মহত্ব তথা গৌৰৱৰ পৰিচয়ৰ সতে স্বামী বিবেকানন্দৰ স্মৃতি অক্ষুণ্ণ ৰাখিবলৈ সেই ঠাইত তেওঁৰ স্মৃতিসৌধ নির্মাণ কৰা হৈছিল ৷ অতি সুন্দৰ আৰু প্রকাণ্ড স্মৃতিসৌধৰ দুটা ভাগ ডাঙৰ আকৃতিৰ আছিল ৷ তাৰে এটা আছিল Vivekananda Mandapam আৰু আনটো Shripada Mandapam.তাৰোপৰি আৰু কেবাটাও মণ্ডপ দেখা পাইছিলোঁ ৷ তাত এটি Dhyana Mandapam নামৰ আছুতীয়া প্রকাণ্ড ঘৰ এটাত ধ্যান কৰাৰ সুবিধা আছিল ৷ যাত্রীসকলৰ বহুতে ধ্যানত বহিছিল ৷ আমি অৱশ্যে ধ্যানত নবহি স্মৃতিসৌধৰ চাৰিওফালে ঘূৰি-পকি ভালদৰে চাই ফুৰিছিলোঁ ৷ তাৰ পৰা সাগৰৰ পানীৰ ঢৌবোৰ চাই আনন্দ লভিছিলোঁ ৷ স্মৃতিসৌধৰ পৰা সামান্য দূৰত্বত সাগৰৰ পানীৰ মাজত আন এটি সৰু দ্বীপত প্রায় ৪১ মিটাৰ ওখ স্তম্ভ এটা দেখিবলৈ পাইছিলোঁ ৷ সেয়া হৈছে বিখ্যাত তামিল দার্শনিক আৰু কবি তিৰু ভালোৱাৰ ( Thiru Valluvar )ৰ স্মৃতিস্তম্ভ ৷ আমি অৱশ্যে তালৈ যোৱা নাছিলোঁ ৷ স্বামী বিবেকানন্দৰ স্মৃতিসৌধৰ পৰাই তাৰ দর্শন কৰিছিলোঁ ৷
স্বামী বিবেকানন্দৰ স্মৃতিসৌধ চাই আমি জাহাজেৰে পাৰলৈ আহিছিলোঁ ৷ তাৰ পাছত সেই ঠাইত থকা প্রাচীন সর্ব্বানী শক্তিপীঠ শ্রীভাগ্যৱতী আম্মান (Sarvani Shaktipeeth Shri Vhagavathy Amman Temple ) মন্দিৰলৈ গৈছিলোঁ ৷ কিন্তু সেই সময়ত মন্দিৰ বন্ধ আছিল ৷ সেয়েহে কিছুপৰ সাগৰৰ তীৰত বহি সময় অতিবাহিত কৰিছিলোঁ ৷ সেই ঠাইৰ পৰা সূর্যোদয় আৰু সূর্য্যাস্তৰ অনন্য সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি ৷ পিছে আমি সেয়া উপভোগ কৰাৰ পৰা বঞ্চিত হৈছিলোঁ , কাৰণ তেতিয়া মধ্যাহ্ন সময় আছিল ৷ তাৰ পৰা নির্দ্দিষ্ট এটা স্থানত বঙ্গোপসাগৰ , আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰৰ নীলা আৰু সেউজীয়া পানীৰ ত্রিবেণী সঙ্গম হোৱা দেখিবলৈ পাইছিলোঁ ৷
আমি তাত কেঁচা মিঠা আম , পকা আম , নাৰিকলৰ পানী খাই খাই আৰু সাগৰৰ পানীৰ ঢৌবোৰ চাই চাই মন্দিৰ খোলালৈ ৰৈ আছিলোঁ ৷ মন্দিৰ খোলাৰ সময় হোৱাৰ লগে লগে আমি তাত প্রৱেশ কৰিছিলোঁগৈ ৷ সেয়া দেৱী পার্ব্বতীৰ প্রাচীন মন্দিৰ ৷ মন্দিৰৰ ভিতৰত সুন্দৰ কাৰুকার্য্যৰ নিদর্শন দেখিবলৈ পোৱা গৈছিল৷
তাৰ পৰা ওলাই আহি গাড়ীখনত উঠি আমি 'নাগেৰকইল' ( Nagercoil ) নামৰ ঠাইলৈ গৈছিলোঁ ৷ তাত নাগৰাজৰ ( Nagaraja Temple ) পুৰণি বিখ্যাত মন্দিৰ দেখিবলৈ পাইছিলোঁ ৷ আমি সেই মন্দিৰৰ গর্ভগৃহলৈ প্রৱেশ কৰিছিলোঁ ৷ তাত বিশেষকৈ সর্প দোষ থকা লোকে পূজা-পাতল কৰে ৷ 'নাগেৰকইল' আৰু 'কন্যাকুমাৰী'ৰ মাজত 'সুচিন্দ্রম থানুমালায়ণ' ( Suchindram Thanumalayan Temple ) নামৰ আন এটি বিখ্যাত মন্দিৰলৈ গৈছিলোঁ ৷
'কন্যাকুমাৰী'ত কেবাটাও বিখ্যাত মন্দিৰ আছে যদিও সময়ৰ অভাৱত আমাৰ যোৱা নহ'ল ৷ 'ড্রাইভাৰ'জনে দুই-এটা দূৰৰ পৰাই দেখুৱাই দিছিল ৷ দিনটোৰ শেষত আমি সকলো ভাগৰিও পৰিছিলোঁ ৷ সেয়েহে Guest House লৈ উভতি আহিছিলোঁ ৷
পৃষ্ঠা ৩৭
নীলা খামৰ চিঠি ঃ
মৰমৰ
স্বপ্নমজ্যোতি আকাশ
এসাগৰ মৰম তোমালৈ। আন্তৰিকতাৰে গ্ৰহণ কৰিবা। মোৰ মৰমৰ প্ৰয়োজন আছেনে নাই তোমাৰ জীৱনত সেয়া মই নাজানো। জানো মই হয়তো পূৰ্ণ হৈ আছা তুমি আজিও একেদৰে, ঠিক পাৰ হৈ যোৱা জীৱনৰ তিনিটা বসন্তৰ আবেলিৰ দৰে। সেইবুলিয়েই অঘোষিত মৰমবোৰ যাচি দিয়াত কৃপণালি কৰিব পাৰিনে ? নাজানো বৰ্তমান তোমাৰ ভালপোৱাৰ ঠিকনা কি ? মোৰ পৰা কিমান মাইলৰ বাট তোমাৰ হৃদয়ৰ নঙলামুখলৈ ? আন কাৰোবাক বন্ধ বাটবোৰ এৰি অন্ধভাৱে সোমাবলৈ খুলি দিছা নেকি পুনৰ, তোমাৰ দেহৰ ভূগোল পঢ়িবলৈ ? ইত্যাদি ইত্যাদি বহু প্ৰশ্নৰ আবেলি জাপি-কুঁচি এৰি আহিলোঁ, অতীত বুলি। হয়তো এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ মইজনী এতিয়া একেবাৰেই অধীৰ নহওঁ। এটা সময় আছিল..যেতিয়া তুমিবিহীনতাত মোৰ সুখবোৰ অসুখৰ দৰে লাগিছিল, হাঁহিবোৰ হেমাহি হৈ পৰিছিল, মৰমবোৰ মৰিচীকা আৰু ভালপোৱাবোৰ ? ভালপোৱা মোৰ মন- শাওণৰ অহেতুক বাৰিষা! উফ্ কি দুৰাৰোগ্য ব্যাধি আছিল তোমাৰ সৈতে মোৰ প্ৰেমৰ! য'ত তোমাৰ অনুপস্থিতিয়ে খাদ্যবোৰো অখাদ্য কৰিছিল। আৰু তুমি ! কেনেকৈ ইমানৰ পাছতো তুমি চাই আছিলা নিৰৱ, নিৰ্বিকাৰ হৈ ?
মই ভালপাইছিলোঁ তোমাৰ বিশাল বুকুৰ এআকাশ নীলা চাবলৈ, তুমি সিঁচি দিলা তাত ধূলি-ধূসৰিত ডাৱৰৰ তুলিকা; ভালপাইছিলোঁ মই তোমাৰ উন্মুক্ত বাহুবন্ধনত উমলিবলৈ, তুমি পাৰি দিলা তাত বৰষাসিক্ত মেঘৰ শীতল দলিচা। আৰু কি ক'ম ! সেই দিন ধৰি আজিলৈকে চোৱা নাই তোমাৰ প্ৰতিচ্ছবি, কেতিয়াও দৃষ্টি নিক্ষেপ কৰা নাই তোমাৰ বুকুৰ বিশালতালৈ নাইবা চপৰা ডাৱৰ খহাই কেতিয়াও স্পৰ্শ কৰি চোৱা নাই তোমাৰ মৰুময় নীলাক। কেতিয়াবা চুৰিকৈ চাওঁ, ধৰা দি লাজ পোৱাৰ কামনা নকৰোঁ। একে আছা, অগতানুগতিক বুলিবলৈ একোৱেই নাই। কিন্তু কি জানা ? ভাল লাগে, এতিয়া এনেকৈয়ে, ভালপাওঁ তোমাৰ সকলোখিনি। মাথোঁ আজিও ভয় কৰোঁ ঠিক একেদৰেই.. যদি আকৌ সলনি হৈ পৰা তুমি গোমা গোমা আবেগ ঢালি ! আৰু মই, মমকাৰ কৰি হৈ পৰোঁ একেদৰেই অভিমানী নাইবা স্বাভিমানী!
আজিলৈ ইমানতে সামৰিলোঁ। ক্ষয়িত হৃদয়ৰ পেৰাত চিঠিখন আকৌ এবাৰ সাঁচি ৰখাৰ ব্যৰ্থ প্ৰচেষ্টা মোৰ। প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আজি তোমাক দাবী নজনাওঁ, অঁ নজনাওঁ। মইজনী এতিয়া সঁচাই অধীৰ নহওঁ জানা। কি পাম ? কেতিয়া বুজি পাবা তুমি বাৰু! নিৰৱে নিৰ্বিকাৰে মৌনতাৰেই মালা পিন্ধি আছা তুমি আজিও... এই খবৰ যে মই প্ৰতিক্ষণে ৰাখোঁ।
ইতি
তোমাৰ প্ৰেয়সী
মেঘৰঞ্জনী
মাইনি মৌচুমী
শিৱসাগৰ
পৃষ্ঠা ৩৮
গ্ৰন্থ পৰ্যালোচনাঃ
ড° লক্ষ্মীনন্দন বৰাৰ কালজয়ী সৃষ্টিঃ
যাকেৰি নাহিকে উপাম
আকাংক্ষা বৰা
দেৰগাঁও
ভ্ৰাম্যভাষ: ৭৩৯৯৫৯০৬৯১
সমাজৰ প্ৰতি শ্ৰেণী মানুহৰ প্ৰতি ভিন্ন ভিন্ন ৰূপত কলম চলাই অসমীয়া জাতিটোক একতাৰ জৰীৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰা, অসমীয়া সাহিত্য জগতৰ জীৱন্ত কিংবদন্তিস্বৰূপ ড° লক্ষ্মীনন্দন বৰাক সাহিত্যপ্ৰেমী সকলৰ মাজত হয়তো নকৈ চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই৷
"নিশাৰ পূৰবী" (১৯৬২) উপন্যাসৰ দ্বাৰা যাত্ৰা আৰম্ভ কৰা এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ অসমীয়া সাহিত্যলৈ অন্যতম উল্লেখযোগ্য অৱদান হ’ল- "পাতাল ভৈৰৱী", "গঙা চিলনীৰ পাখি", "যাকেৰি নাহিকে উপাম", "কায়কল্প" ইত্যাদি৷ ১৯৮৮ চনত "পাতাল ভৈৰৱী" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বটাঁৰে সন্মানিত এইগৰাকী মানৱদৰদী সাহিত্যিকে ২০০৮ চনত কল্পবিজ্ঞানধৰ্মী উপন্যাস "কায়কল্প"ৰ বাবে সৰস্বতী সন্মান লাভ কৰে৷
এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ অনুপম সৃষ্টি, অসমীয়া সাহিত্য জগতৰ দলিলস্বৰূপ "যাকেৰি নাহিকে উপাম" গ্ৰন্থ৷ অসমীয়া জনজীৱনৰ নায়ক, জগতগুৰু মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ আধাৰত ৰচিত হ’লেও এইখন কেৱল এখন জীৱনভিত্তিক উপন্যাস নহয়, বৰং পঞ্চদশ-ষষ্ঠদশ শতিকাৰ অসমৰ সমাজ-সংস্কৃতি, জনজীৱনৰ এক স্বৰ্ণীল গাঁথা৷
অসমীয়া সমাজ, সাহিত্য, কলা, সংস্কৃতি সকলো দিশতে মহাপুৰুষজনাৰ অৱদান অপৰিসীম৷ মহাপুৰুষজনা কেৱল এজন ধৰ্ম-প্ৰচাৰক হিচাপেই নহয়, এজন মহৎ সমাজ-সংস্কাৰক আৰু সাহিত্যিক হিচাপে যুগে যুগে চিৰস্মৰণীয় হৈ ৰ’ব৷ ভাষা, সাহিত্য, সংস্কৃতি, ধৰ্ম অবিহনে এটা জাতি জগতত সুচাৰুৰূপে বৰ্তি থাকিব নোৱাৰে৷ অসমৰ বাবে গৌৰৱৰ থল এয়ে যে এই কেউটা দিশতে মহাপুৰুষজনাৰ অৰিহণা অসীম৷ জাতীয় জীৱনক ন ন ৰূপেৰে সমৃদ্ধ কৰি যোৱা শ্ৰীমন্তশঙ্কৰদেৱ অসমৰ পিতৃপুৰুষস্বৰূপ৷ কৰ্মকাণ্ডীসকলৰ প্ৰভাৱত পৰি ধৰ্মৰ নামত লঘু-লাঞ্ছনাৰ সন্মুখীন হোৱা সেই সময়ৰ অসমীয়া সমাজখনক মহাপুৰুষজনাই ধৰ্মৰ প্ৰকৃত মহত্ত্বৰ পৰিচয় দি, নৱবৈষ্ণৱ ধৰ্মৰ পাতনি মেলি সাহিত্য-সংস্কৃতিৰ ভঁৰাল জীপাল কৰি থৈ গ’ল৷
"যাকেৰি নাহিকে উপাম" গ্ৰন্থত মহাপুৰুষজনাৰ শৈশৱৰ পৰা মৃত্যুপৰ্যন্ত সৰু-বৰ সকলো ঘটনা, বাৰভূঞা পৰিয়ালৰ সৈতে যুগসূত্ৰ ৰাখি সমসাময়িক অসমীয়া সমাজ ব্যৱস্থা, পাহাৰ-ভৈয়ামৰ জনজাতীয় লোকসকলক একতাৰ ডোলেৰে বান্ধি বৃহত্তৰ অসম গঢ়াৰ প্ৰচেষ্টা, একশৰণ ভাগৱতী ধৰ্মৰ প্ৰচাৰ তথা প্ৰসাৰৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা/সফলতা, আইতাক খেৰসূতীৰ কৰ্তব্যনিষ্ঠা/ কছাৰী/ আহোম/কোঁচ ৰাজ্যৰ আনুষংগিক দিশসমূহ, সাঁচিপাতৰ পুথি প্ৰস্তুত প্ৰণালী, মহী প্ৰস্তুত প্ৰণালী, বেলগুৰিত মাধৱদেৱৰ সৈতে মিলন, তীৰ্থযাত্ৰাৰ অনুপম বৰ্ণনা, যোগ-প্ৰাণায়মৰ প্ৰয়োজনীয়তা, নাটক-বৰগীত সৃষ্টিৰ সময়ছোৱাৰ বৰ্ণনা, মহেন্দ্ৰ কন্দলিৰ টোলৰ বৰ্ণনা, মাধৱদেৱৰ গুৰু ভক্তি, বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰা আদিৰ বিশ্লেষণাত্মক আৰু তথ্যসম্বলিত প্ৰকাশে গ্ৰন্থ প্ৰণয়নত গ্ৰন্থকাৰৰ অপৰিসীম প্ৰজ্ঞা আৰু গৱেষণাকে সূচায়৷
গুৰুচৰিতসমূহত দেখুওৱা কাল-মাত্ৰাবিহীন একক মাত্ৰাজড়িত ঘটনা পৰম্পৰা, ঐশ্বৰিক শংকৰদেৱৰ সলনি এই গ্ৰন্থখনত বৰ্ণিত হৈছে সমাজ-সংস্কৃতি-সাহিত্যৰ উন্নতিৰ হকে আজীৱন যুঁজি যোৱা সেই দাৰ্শনিক ব্যক্তিজনক৷ সংসাৰপাশত আৱদ্ধ হৈয়ো আজীৱন নিৰাসক্ত হৈ ৰোৱা শাস্ত্ৰজ্ঞানী বিদগ্ধ পণ্ডিতজনক৷ জাতি-বৰ্ণৰ পৰিসীমা নেওচি গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তমৰ পৰা মুছলমানৰ চান্দসাইলৈকে সকলোকে একত্ৰিত কৰি সমন্বয়ৰ সমাজ গঢ়াৰ প্ৰচেষ্টা কৰি যোৱা বহল মনৰ সংস্কাৰজনক৷
গুৰুজনাই শৈশৱৰ পৰাই বিচিত্ৰতাৰ ৰং দেখুৱাইছিল৷ অকালতে পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰা শংকৰৰ বাবে বুঢ়ীমাক খেৰসূতী সকলো আছিল৷ বুঢ়ীমাকৰ বাবেও শংকৰ আছিল আলাসৰ লাৰু৷ বাৰ বছৰ কাললৈকে বিদ্যাৰম্ভৰ কোনো চিন নেদেখাত খেৰসূতী আই চিন্তাত পৰিছিল৷ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুঢ়ীমাক সদা সচেতন আছিল৷
খেৰসূতী আয়ে কৈছিল: "বয়স কিমান হ’ল মনত আছে? বাৰ বছৰ কম বয়স নহয় বুইছ? তোৰ আকৌ বাহিৰতহে মন৷ মই আগতেই কৈছোঁ, তোৰ উপৰিপুৰুষ চণ্ডীবৰ আদি সকলোৱেই ডাঙৰ পণ্ডিত আছিল, তেওঁলোকক কোনেও ঘটুৱাব নোৱাৰিছিল৷ এয়েহে আচল বিদ্যাৰ ফল৷ ধুৰূক বুজিবি, বিদ্যাইহে আমাৰ বংশৰ পৰম ভূষণ৷" (পৃষ্ঠা নং-৪০)
মহেন্দ্ৰ কন্দলিৰ টোলত গুৰুজনাৰ বিদ্যাৰম্ভ হ’ল৷ কন্দলিৰ টোলতে ৰচিত হ’ল "আ" কাৰ "ই" কাৰ বিহীন প্ৰাঞ্জল অথচ গভীৰ কৃষ্ণস্তৱ- "কৰতল কমল কমল দল-নয়ন"৷ গুৰু কন্দলিয়ে আশ্চৰ্য প্ৰকাশ কৰি এনেকৈ ক’লে, "শংকৰ, তেল-লোণ নিদিয়াকৈ তোমাৰ ব্যঞ্জনৰ ইমান স্বাদ; তুমি পাগ কৰা আচল ব্যঞ্জনৰ বা কেনে স্বাদ হয়, তাকে ভোগ কৰিবলৈ জানো মই ইমান দিন জী থাকিবলৈ পাম?" (পৃষ্ঠা নং-৪৮)
শিক্ষাগ্ৰহণৰ অন্তত শিৰোমণি ভূঞাৰ বাব গ্ৰহণ কৰা তেৰাই উপলব্ধি কৰিব পাৰিছিল প্ৰজাধিপতি হিচাপে অসুখী হোৱাৰ কথা৷ এই সম্পৰ্কে গ্ৰন্থকাৰে উপস্থাপন কৰিছে এনেদৰে- "তেওঁ জীৱনটো একে ধৰণৰ হোৱাটো বাঞ্ছা নকৰে৷ তেওঁ স্হবিৰতাক ঘৃণা কৰে৷ কিন্তু ইয়াতে বহি ৰাজকাৰ্য চলোৱাটো স্হবিৰতাৰে নামান্তৰ মাথোন৷ তেওঁ বিশাল পৃথিৱীত মিলি যাব খোজে৷ সেয়েহে তেওঁ আজিয়েই থিৰাং কৰিলে যে তেওঁ শিৰোমণি ভূঞাৰ বাবটো পিতামহ জয়ন্ত আৰু মাধৱ দলৈক শোধাই দিব৷"(পৃষ্ঠা নং-১২৩)।
যদিওবা সংসাৰ পাশত আৱদ্ধ হৈছিল তেৰাৰ নিজ কৰ্মৰ প্ৰতি যি নিষ্ঠা সেয়া অনুকৰণীয়৷ মহাপুৰুষজনাৰ মনোজগতৰ বিষয়ে এনেদৰে উল্লেখিত হৈছে- "শংকৰৰ দুটা মন৷ যেন দুজন শংকৰহে৷ কালিন্দীৰ অনুৰক্ত শংকৰ৷ জগতৰ মুক্তিৰ হেতু জীৱন পণ কৰা, ৰাজ্যলাভৰ লোভ ত্যাগ কৰা আৰু ৰাজশক্তিৰ কৰ্তৃত্বক অসাৰ্থক বুলি ভবা সংসাৰ যাত্ৰাৰ প্ৰতি নিৰ্বিকাৰ আন এজন জগতগুৰু শ্ৰীমন্ত শংকৰ৷" (পৃষ্ঠা নং-১৮৪)
যদিওবা গ্ৰন্থকাৰে কাহিনীতো আগৱঢ়াই নিয়াত শংকৰদেৱৰ লগত জড়িত আনুষংগিক কথাবোৰ সন্নিৱিষ্ট কৰিছে এইক্ষেত্ৰত গ্ৰন্থখনৰ ঔপন্যাসিক লয়টোত তিলমানো বাধাৰ সৃষ্টি কৰা নাই, বৰঞ্চ এক ছন্দোৱদ্ধ গতিহে প্ৰদান কৰিছে৷ মাজে মাজে সেই সময়ৰ কছাৰী, আহোম, কোচ ৰাজ্যৰ শাসন প্ৰণালী, সাধাৰণ প্ৰজাৰ জীৱন-ধাৰণ প্ৰণালী, প্ৰাকৃতিক পৰিৱেশৰ ৰং-ৰূপৰ অপূৰ্ব চিত্ৰণ আদিয়ে কাহিনীটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ ভাষাৰ প্ৰাঞ্জলতাই গ্ৰন্থখনক পাঠকৰ কাষ চপাই নিছে৷ গ্ৰন্থখনত গুৰুজনাক ধৰ্মীয় দৃষ্টিৰ পৰিৱৰ্তে বিশ্লেষকৰ দৃষ্টিৰে চোৱা হৈছে, যাৰ বাবে কিংবদন্তিৰ দৰে চলি অহা বা চৰিত পুথিত সন্নিৱিষ্ট হোৱা তেৰাৰ জীৱনৰ অতি প্ৰাকৃতিক ঘটনাৱলীয়ে ইয়াত স্থান পোৱা নাই৷
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াজনে পঞ্চদশ-ষষ্ঠদশ শতিকাৰ সময়ছোৱাতে নাট্যচৰ্চাৰ যি পৰিৱেশ সৃষ্টি কৰিলে সেয়া সেই সময়ৰ এক অন্যতম সফলতা৷ "চিহ্নযাত্ৰা" নাট প্ৰদৰ্শনৰ সময়ত নাট প্ৰযোজনা, হেঙুল-হাইতালেৰে তুলাপাতত বৈকুণ্ঠৰ পট অংকন, গায়ন-বায়নৰ দৈহিক ছন্দজড়িত খোল-তালৰ বাদ্যৰ অপূৰ্ব সংযোজন, ভাৱৰীয়াৰ সাজসজ্জা, ভাওনাৰ উপস্থাপন পদ্ধতি সম্পৰ্কেও গ্ৰন্থকাৰে নিটোল ৰূপত বৰ্ণনা কৰি পাঠকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে৷
গ্ৰন্থখনৰ শেষৰফালে গুৰুজনাই কোঁচৰাজ্যত আশ্ৰয় লোৱাৰ কথা প্ৰকাশ হৈছে, নৰনাৰায়ণৰ ৰাজসভাত শাস্ত্ৰ বৰ্ণনাৰ দিশ তথা মাধৱদেৱক বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰৰ গুৰুদায়িত্ব পালনৰ কথা উল্লেখ কৰিছে৷ ইয়াৰোপৰি গ্ৰন্থকাৰে তেৰাৰ অতুলনীয় শাস্ত্ৰজ্ঞান, সাহিত্য প্ৰতিভা, সাংস্কৃতিক প্ৰতিভা, উদাৰতা, সমাজ-সংস্কাৰক, মানৱীয় প্ৰমূল্যবোধ, সত্যনিষ্ঠা, উদাৰতা, ধৈৰ্য্য, সংযম, সাহসী আদি গুণেৰে সমৃদ্ধ গুৰুজনাক প্ৰকৃতাৰ্থত এজন মহাপুৰুষৰূপে পাঠকৰ সন্মুখত দাঙি ধৰাত সফল হৈছে৷
"যাকৰে নাহিকে উপাম" অসমীয়া সাহিত্যৰ এক কালজয়ী সৃষ্টি৷ সাম্প্ৰতিক প্ৰেক্ষাপটত জাতি-বৰ্ণ-ধৰ্মক লৈ যি বিভেদকামী শক্তিয়ে সমাজ-সংস্কৃতিৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিছে তেনে ক্ষেত্ৰত লক্ষ্মীনন্দন বৰাদেৱৰ এই গ্ৰন্থখনৰ অধ্যয়নে পাঠক সকলক গুৰুজনাৰ নিৰ্মল আদৰ্শৰে উদ্বুদ্ধ কৰি এক নতুন দিগন্তৰ সন্ধান দিব পাৰিব বুলি আশা কৰিব পাৰি৷ কন্দলিৰ টোলতে ৰচিত হ’ল "আ" কাৰ "ই" কাৰ বিহীন প্ৰাঞ্জল অথচ গভীৰ কৃষ্ণস্তৱ- "কৰতল কমল কমল দল-নয়ন"৷ গুৰু কন্দলিয়ে আশ্চৰ্য প্ৰকাশ কৰি এনেকৈ ক’লে, "শংকৰ, তেল-লোণ নিদিয়াকৈ তোমাৰ ব্যঞ্জনৰ ইমান স্বাদ; তুমি পাগ কৰা আচল ব্যঞ্জনৰ বা কেনে স্বাদ হয়, তাকে ভোগ কৰিবলৈ জানো মই ইমান দিন জী থাকিবলৈ পাম?" (পৃষ্ঠা নং-৪৮) শিক্ষাগ্ৰহণৰ অন্তত শিৰোমণি ভূঞাৰ বাব গ্ৰহণ কৰা তেৰাই উপলব্ধি কৰিব পাৰিছিল প্ৰজাধিপতি হিচাপে অসুখী হোৱাৰ কথা ৷ এই সম্পৰ্কে গ্ৰন্থকাৰে উপস্থাপন কৰিছে এনেদৰে- "তেওঁ জীৱনটো একে ধৰণৰ হোৱাটো বাঞ্ছা নকৰে ৷ তেওঁ স্থবিৰতাক ঘৃণা কৰে ৷ কিন্তু ইয়াতে বহি ৰাজকাৰ্য চলোৱাটো স্থবিৰতাৰে নামান্তৰ মাথোন ৷ তেওঁ বিশাল পৃথিৱীত মিলি যাব খোজে ৷ সেয়েহে তেওঁ আজিয়েই থিৰাং কৰিলে যে তেওঁ শিৰোমণি ভূঞাৰ বাবটো পিতামহ জয়ন্ত আৰু মাধৱ দলৈক শোধাই দিব৷"(পৃষ্ঠা নং-১২৩)
যদিওবা সংসাৰ পাশত আৱদ্ধ হৈছিল তেৰাৰ নিজ কৰ্মৰ প্ৰতি যি নিষ্ঠা সেয়া অনুকৰণীয়৷ মহাপুৰুষজনাৰ মনোজগতৰ বিষয়ে এনেদৰে উল্লেখিত হৈছে- "শংকৰৰ দুটা মন ৷ যেন দুজন শংকৰহে৷ কালিন্দীৰ অনুৰক্ত শংকৰ ৷ জগতৰ মুক্তিৰ হেতু জীৱন পণ কৰা, ৰাজ্যলাভৰ লোভ ত্যাগ কৰা আৰু ৰাজশক্তিৰ কৰ্তৃত্বক অসাৰ্থক বুলি ভবা সংসাৰ যাত্ৰাৰ প্ৰতি নিৰ্বিকাৰ আন এজন জগতগুৰু শ্ৰীমন্ত শংকৰ ৷" (পৃষ্ঠা নং-১৮৪)
যদিওবা গ্ৰন্থকাৰে কাহিনীতো আগৱঢ়াই নিয়াত শংকৰদেৱৰ লগত জড়িত আনুষংগিক কথাবোৰ সন্নিৱিষ্ট কৰিছে এইক্ষেত্ৰত গ্ৰন্থখনৰ ঔপন্যাসিক লয়টোত তিলমানো বাধাৰ সৃষ্টি কৰা নাই, বৰঞ্চ এক ছন্দোৱদ্ধ গতিহে প্ৰদান কৰিছে ৷ মাজে মাজে সেই সময়ৰ কছাৰী, আহোম, কোচ ৰাজ্যৰ শাসন প্ৰণালী, সাধাৰণ প্ৰজাৰ জীৱন-ধাৰণ প্ৰণালী, প্ৰাকৃতিক পৰিৱেশৰ ৰং-ৰূপৰ অপূৰ্ব চিত্ৰণ আদিয়ে কাহিনীটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে ৷ ভাষাৰ প্ৰাঞ্জলতাই গ্ৰন্থখনক পাঠকৰ কাষ চপাই নিছে ৷ গ্ৰন্থখনত গুৰুজনাক ধৰ্মীয় দৃষ্টিৰ পৰিৱৰ্তে বিশ্লেষকৰ দৃষ্টিৰে চোৱা হৈছে, যাৰ বাবে কিংবদন্তিৰ দৰে চলি অহা বা চৰিত পুথিত সন্নিৱিষ্ট হোৱা তেৰাৰ জীৱনৰ অতি প্ৰাকৃতিক ঘটনাৱলীয়ে ইয়াত স্থান পোৱা নাই৷
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াজনে পঞ্চদশ-ষষ্ঠদশ শতিকাৰ সময়ছোৱাতে নাট্যচৰ্চাৰ যি পৰিৱেশ সৃষ্টি কৰিলে সেয়া সেই সময়ৰ এক অন্যতম সফলতা৷ "চিহ্নযাত্ৰা" নাট প্ৰদৰ্শনৰ সময়ত নাট প্ৰযোজনা, হেঙুল-হাইতালেৰে তুলাপাতত বৈকুণ্ঠৰ পট অংকন, গায়ন-বায়নৰ দৈহিক ছন্দজড়িত খোল-তালৰ বাদ্যৰ অপূৰ্ব সংযোজন, ভাৱৰীয়াৰ সাজসজ্জা, ভাওনাৰ উপস্থাপন পদ্ধতি সম্পৰ্কেও গ্ৰন্থকাৰে নিটোল ৰূপত বৰ্ণনা কৰি পাঠকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে৷
গ্ৰন্থখনৰ শেষৰফালে গুৰুজনাই কোঁচৰাজ্যত আশ্ৰয় লোৱাৰ কথা প্ৰকাশ হৈছে, নৰনাৰায়ণৰ ৰাজসভাত শাস্ত্ৰ বৰ্ণনাৰ দিশ তথা মাধৱদেৱক বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰৰ গুৰুদায়িত্ব পালনৰ কথা উল্লেখ কৰিছে৷ ইয়াৰ উপৰি গ্ৰন্থকাৰে তেৰাৰ অতুলনীয় শাস্ত্ৰজ্ঞান, সাহিত্য প্ৰতিভা, সাংস্কৃতিক প্ৰতিভা, উদাৰতা, সমাজ-সংস্কাৰক, মানৱীয় প্ৰমূল্যবোধ, সত্যনিষ্ঠা, উদাৰতা, ধৈৰ্য্য, সংযম, সাহসী আদি গুণেৰে সমৃদ্ধ গুৰুজনাক প্ৰকৃতাৰ্থত এজন মহাপুৰুষৰূপে পাঠকৰ সন্মুখত দাঙি ধৰাত সফল হৈছে৷
"যাকৰে নাহিকে উপাম" অসমীয়া সাহিত্যৰ এক কালজয়ী সৃষ্টি ৷ সাম্প্ৰতিক প্ৰেক্ষাপটত জাতি-বৰ্ণ-ধৰ্মক লৈ যি বিভেদকামী শক্তিয়ে সমাজ-সংস্কৃতিৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিছে তেনে ক্ষেত্ৰত লক্ষ্মীনন্দন বৰাদেৱৰ এই গ্ৰন্থখনৰ অধ্যয়নে পাঠক সকলক গুৰুজনাৰ নিৰ্মল আদৰ্শৰে উদ্বুদ্ধ কৰি এক নতুন দিগন্তৰ সন্ধান দিব পাৰিব বুলি আশা কৰিব পাৰি৷
পৃষ্ঠা ৩৯
ৰেচিপিঃ
জিকা বাকলিৰ চাটনি
উপকৰণ:
জিকা বাকলি
৬ ফুটা নহৰু
ধনীয়া পাত
জলকীয়া
নিমখ
চেনী
নেমু
প্ৰস্তুত প্ৰণালী:
প্ৰথমে আমি জিকা বাকলি(নিজৰ প্ৰয়োজন অনুযায়ী)খিনি ভালদৰে ধুই এখন কেৰাহীত বইল কৰি ললোঁ, অলপ আধা সিজা হ'লেই নমাই থৈ সেইয়া ঠাণ্ডা হ'বলৈ দিলোঁ। এটা পাত্ৰত সিজোৱা বাকলি খিনি দিলোঁ, তাতে নহৰু আৰু জলকীয়া (নিজৰ প্ৰয়োজন অনুযায়ী)দিলোঁ, অকণমান চেনী, অকণমান নিমখ দি তাতে অলপ নেমু ৰস দি দিলোঁ। ধনীয়া পাত দুটা দি মিক্সাৰ গ্ৰাইন্দত ভালদৰে গ্ৰাইন্দ কৰি দিলোঁ। হৈ গ'ল জিকা বাকলিৰ চাটনি। খাই খুবেই ভাল লাগে, আপোনালোকেও খাই চাবচোন এবাৰ।
সন্ধ্যাৰাণী গোস্বামী
গোলাঘাট।
পৃষ্ঠা ৪০
আপদীয়া পদ্যঃ
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
১/ দলাৰ বগৰীৰ দৰে ৰাজনেতাই দল বাগৰি ফুৰে
য'তে লাভ ত'তে ভাল নেতাসকলে বোলে
ৰাজনীতিৰ চেৰেকিপাক
জনসাধাৰণ ঘূৰি থাক
পালি পহৰীয়াই দুখতে টেটু ফালি মৰে।।
২/ মিছা কথাই পাহাৰ গঢ়ি ৰাজনীতি কৰে
জানি শুনিও জনগণ পিছে পিছে দৌৰে
ইলেক্চন শেষ হ'ল
প্ৰতিশ্ৰুতি পৰি ৰ'ল
আগন্তুক পাঁচ বছৰৰ বাবে অভিসন্ধিত নামে।।
৩/ ৰাজনীতিত বাঘে-ছাগলে একেই ঘাটত পানী খায়
নেজানি অন্ধ সমৰ্থক অবাটেহে যায়
ৰাজনীতিৰ চক্ৰবেহু
ভেদীবলৈ নাই অৰ্জুনো
লগ হ'লেই কুৰুক্ষেত্ৰ ৰণ আৰম্ভ হৈ যায়।
৪/ ধনবৰে টাই পিন্ধি ফিতাহি মাৰি ফুৰে
চৌখাত নজ্বলে জুই খবৰ এটিও নকৰে
কামৰ নামত উঠে জ্বৰ
বেলি দুপৰলৈ মাৰে বিছনাত খৰ
পোষ্ট গেজুৱেট ধনবৰক বোলে চাকৰিহে লাগে।।
৫/ তিনি আলিত সেই মখা ধোদৰ-পচলা
আড্ডাত অৰ্থহীন কথাৰ মহলা
কথাত বোলে শিক্ষিত
জ্ঞানত পিছে পিৰামিড
টংকেশ্বৰ কাইটিয়ে বোলে তহঁত জহন্নামে যা।।
৬/ মেট্ৰিকৰ মাৰ্কচিটত কিনো দেখিলা ভাই
ষ্টেটাচত সকলোৱে বোলে এনে হোৱা দেখা নাই
পাঁচখন পেপাৰত নব্বৈ কৈ
পালে নম্বৰ কেনেকৈ
মাৰ্কচিট দেখি আমাৰ চকু কঁপালত উঠি যায়।
৭/ সৰু কথা ডাঙৰ কৰি ফেচবুকত দিবা
অসংখ্য অনুৰাগীৰ ৱাহ ৱাহ লুটিবা
যুক্তিৰ প্ৰয়োজন নাই
সম্পাদনাৰ কথা নাই
তোমাৰ সঁহাৰিৰ অনুসৰি লাইক কমেণ্ট ল'বা।।
পৃষ্ঠা ৪১
গল্পঃ
যশোদা
অংকিতা বৰুৱা, গুৱাহাটী
একোঠালীয়া কেঁচাঘৰটোলৈ সোমাই অহা আবেলিৰ শেষ পোহৰকণক নস্যাৎ কৰিবলৈ আন্ধাৰবোৰ তৎপৰ হৈ উঠিছে। কজলা ৰংটো কোঠাটোৰ চাৰিওফালে বিয়পি পৰিছে। বিছনাখনতে গাত লোৱা কেঠাকেইখনৰ মাজত লুকাভাকু খেলি খেলি সিহঁত দুটা কেতিয়া টোপনি গৈছিল মনতেই নাই কুমকুমৰ। সাৰ পাই চকুকেইটা মোহাৰি মোহাৰি কাষতে শুই থকা কণমানী ভায়েকটোলৈ চাই তাইৰ মৰম লাগি গ'ল। সি গাত কাপোৰ নলয় বুলি এনেই নকয় মাকজনীয়ে ! গোটেইটো উদং মুদং হৈ জেঠি পোৱালীটোৰ দৰে ওপৰলৈ মুখ কৰি , ভৰি দুটা সামান্য ফেৰেকাকৈ দুহাত মেলি নিশ্চিন্ত হৈ শুই আছে সি ।
হাত ভৰি কেইটা চুই চালে কুমকুমে তাৰ ।
চেঁচা ।
" লাটু " ...
অনুচ্ছ সুৰত তাক এবাৰ মাতিলে তাই ।
একো লৰচৰ নকৰা দেখি মৰমেৰে এবাৰ তাৰ কপালত হাতখন ফুৰাই কুমকুমে কেঠাখন টানি আনি তাৰ গাত জাপি দিলে । শুই থাকক সি আৰু অলপ দেৰি ! মাক আহি পোৱাহিয়ে নাই । আমনিহে কৰিব! তায়ো লাটুৰ কাষতে বিছনাখনত কুচিমুচিকৈ পৰি থাকিল ।
কি বা হ'ল আজি ইমান পৰলৈকে মাকজনী অহা নাই ! আনদিনাটো সিহঁত দুটা স্কুলৰ পৰা আহি পায়হি মানে মাকে ভাতমুঠি ৰান্ধি সিহঁতলৈ বাট চাই থাকে । নঙলামুখৰ পৰাই চিঞৰি চিঞৰি ভিতৰ সোমাই সিহঁত
" অ' মা আহিলো । ভাত দে ; বৰকৈ ভোক লাগিছে । "
মাকে চাদৰৰ আঁচলত হাতদুখন মচি মচি সিহঁতৰ ওচৰ পায়হি মানে লাটুৱে গৈ মাকক জপটিয়াই ধৰেগৈ ।
আজিনো এই পৰলৈকে মাকজনী ক'লৈ গ'ল ? অতবেলি হ'ল আহি পোৱা নাই যে ! যিমানে সময় পাৰ হৈছে সিহঁতৰ কোঠাটোও ঘিটমিটীয়া আন্ধাৰে আৱৰি ধৰিছে । কাষতে শুই থকা লাটুকো তাই হাতেৰে খেপিয়াই চুই চাইছে। চকুৰে একো মণিব নোৱৰাকৈ অন্ধকাৰ গোটেইখন। কুমকুম এনেও খুব ভয়াতুৰ। দিনতে অকলে বাহিৰলৈ নাযায় । তেনেস্থলত এই ৰাতিখন !
তাই ফেঁকুৰি উঠিল । কি কৰে তাই এতিয়া ! হাতলেম্পটোত কেৰাচিনতেল অকণ ভৰাই জ্বলাবলৈও তাই একোকে দেখা পোৱা নাই । ভোকত পেটটোও কৰমৰাই উঠিছে তাইৰ । স্কুললৈ যাওঁতেই যি ভাত এমুঠি আগৰাতিৰে দাইলকণৰে সৈতে খাই গৈছিল দুইটাই , তাৰপাছত একোৱেই মুখত দিয়া নাই সিহঁতে । লাটুও চাগে ভোকতে অৱশ হৈ ইমান দেৰি শুই আছে ! ভয় ভোক সব মিলি তাই এইবাৰ উচুপি উঠিল।অলপ পৰ তেনেদৰেই থাকি তাই মূৰে গায়ে কাপোৰখন লৈ কুচিমুচি হৈ পৰি থাকিল বিছনাখনতে । যেন এই আন্ধাৰবোৰৰ পৰা হাত সাৰিবলৈ পালেই তাই ৰক্ষা পৰে । ভয়তে ডিঙিটো শুকাই আহিছে তাইৰ । তথাপি বিছনাৰ পৰা উঠি কাষৰ টেবুলখনতে থকা পানী জগটোৰ পৰা পানী অলপ খাবলৈ তাইৰ সাহসে নুকুলালে । উচুপি উচুপি তাই মাকক মাতি থাকিল
" কলৈ গলিনো অ' মা ? এই পৰলৈকে নাহিলি যে ! আমি অকলে অকলে ইমান দেৰি কেনেকৈ থাকিম এবাৰো ভবা নাইনে তই ?"
তাইৰ উচুপনিত বিছনাখন কঁপি উঠিল । লাটুৱে এবাৰ খৰমৰাই ইকাটি সিকাটি কৰিলে । লাটু সাৰ পালে মাকে তাৰ চুলিকেইডালত হাত ফুৰাই এটা নিৰ্দিষ্ট গীত গুণগুণাই , সি পুনৰ শুই পৰে । কুমকুমেও তাকে কৰিলে । মাকৰ মুখৰ গীতটো আজি তাই প্ৰথমবাৰৰ বাবে গুণগুণাই লাটুৰ মূৰত আলফুলে হাত বুলাই দিলে । নহ'লে সি সাৰ পাই উঠি মাকক নেদেখিলে ভীষণ কান্দিব , তাই জানে । লাটুৰ খচমচনি বন্ধ হ'ল । তাই আশ্বস্ত হ'ল , সি পুনৰ শুই পৰিছে । আচৰিত ধৰণে লাটুক শুৱাই থাকোতে এপলক আগলৈকে তাইৰ আন্ধাৰলৈ ভয় লাগি উচুপি উঠা মনটো নোহোৱা হৈছিল। লাটুক শুৱাই থাকোতে তাইৰ ভোকত কৰকৰাই থকা পেটটোও শান্ত হৈ পৰিছিল ।
দুৱাৰৰ ফাঁকেৰে সোমাই অহা পুৱাৰ পোহৰত তাই চকু মেলি এবাৰ কোঠাটোৰ চাৰিওফালে চালে। লাটুৱেও একে সময়তে উঠি বহি দুচকু মোহাৰি আনদিনাৰ দৰেই থেনথেনাবলৈ ধৰিলে। মা মা কৈ এসময়ত সি চিঞৰি উঠিল । কুমকুমে তাক কেঁকো জেঁকোকৈ কোলালৈ আনি অলপ পৰ সাৱটি ধৰি থাকি মৰমেৰে বুজাবলৈ যত্ন কৰিলে ,
" ৰ' লাটু নাকান্দিবিচোন । মা আহিব নহয় ! কালি হয়তো মাৰ কাম শেষ নহ'ল সেয়েহে আহিব নোৱাৰিলে । আজি সোনকালেই আহিব । মই আছোঁ নহয় । কিবা এটা খাবলৈ দিওঁ ৰ' তোক । ভোক লাগিছে চাগে তোৰ !"
সি ভেবা লাগি কুমকুমলৈ চাই ৰ'ল । তাই কোৱা কথাকেইটা সি কিমান বুজিলে কুমকুমে অনুমান কৰিব নোৱাৰিলে যদিও তাৰ পাছত লাটুৱে থেনথেনাবলৈ এৰি তাইৰ ফ্ৰকটোতে খামুচি তাইৰ পাছে পাছে লাগি থাকিল। মাকে পানী তপতাবলৈ চৌকাটোৰ খৰি কেইডালত অগ্নি সংযোগ কৰাৰ দৰে কুমকুমেও চাকিটোৰ পৰা কেৰাচিনতেল কেইটোপালমান দি অগ্নি সংযোগ কৰি বটুৱাটো উঠাই দিলে । কাষতে পীৰাখন পাৰি লাটুক বহুৱাই লয় তাই । লাটুৱে তাইলৈ ভেবা লাগি চাই থাকি এপাকত সুধিলে
" অ' বা মা কলৈ গ'ল নো ? ইমান দেৰি হ'ল নাই অহা যে ! "
কুমকুমৰ কণমানী মনটোত পাকঘূৰণি খাই থকা চিন্তাবোৰ লুকুৱাই তাই ভায়েকক এজনী বুজন ছোৱালীৰ দৰে আশ্বাস দিলে । মাকৰ চিন্তাই তাইকো শান্তিত থাকিবলৈ দিয়া নাই যদিও এই মুহূৰ্ত্তত তাই এটাই বুজি উঠিছে যে তাই লাটুক নিৰ্ভয়েৰে ৰাখিব লাগিব । অন্তত মাক ঘূৰি আহি নোপোৱালৈকে লাটুৱে নকন্দাকৈ তাই ৰাখিব লাগিব ।
একোঠলীয়া ঘৰটোৰ চুকটোত থকা ৰান্ধনিশালখনত মাকে কাম কৰি থাকোতে কুমকুমে মাকক লক্ষ্য কৰি থকাটো তাইৰ এটা অভ্যাস । মাকে কিদৰে আটোমটোকাৰিকৈ কামবোৰ কৰি যায় তাই চাই থাকি বৰ ভাল পায় । হয়তো সেই অভ্যাসেই আজি তাইক কিছু পৰিমাণে হ'লেও সহায় কৰিছে । তাই ডেকচিটোত চাউল এমুঠিৰ সৈতে পানী অলপ আণ্ডাজমতে দি চৌকাটোত বহাই অভিজ্ঞ ছোৱালী এজনীৰ দৰে চুঙাটোৰে জুইকুৰা ফুঁৱাই দিলে । জুইকুৰা দপকৈ জ্বলি উঠিল যদিও চৌকাটোৰ মুখতে থকা ছাঁই অলপ উৰি আহি তাইৰ চকুৱে মুখে সোমাল । তাই কাঁহি কাঁহি মাটিতে লেপেটা কাঢ়ি বহি দিলে। চকুপানীবোৰ সৰসৰাই বাগৰি আহিল তাইৰ । তাই যেন সেই চেগতে অতপৰে লুকুৱাই ৰখা শংকাখিনিক ছাঁইবৰণীয়া চকুপানীৰে ব'বলৈ এৰি দিলে ! লাটুক আশ্বাস দি ৰখা কণমানী কুমকুমজনী যেন এটা ৰাতিতে অলপ বেছি বুজন হৈ পৰিল !
দুদিন পাৰ হৈ গ'ল ।
মাকজনী নাহিল । এইবাৰ ভায়েকৰ হাতখনত খামুচি ধৰি তাই মাকক বিচাৰি ওলাল ।
সুবৰ্ণ নাই ...
ইতিমধ্যে এই কথাটোৱে মানুহৰ মাজত গুণগুণনি তুলিছে । কোনেও নাজানে ক'ত গ'ল মানুহজনী । এই এমা দিমা সন্তানকেইটাক এৰি। কিছুমান গধুৰ শব্দ উফৰি আহি কুমকুমৰ কাণত পৰিল । লাটুৰ হাতখন বেছি জোৰকৈ খামুচি ধৰি তাই মানুহৰ পদুলিয়ে পদুলিয়ে চিঞৰি সুধিলে,
" আমাৰ মাক দেখিছিলে নেকি বৰমা ! "
" অ' খুৰী আমাৰ মা ক'লৈ গ'ল জানে নেকি ? আজি দুদিন হ'ল মা ঘৰলৈ অহাই নাই ! "
কৌতূহলী মুখবোৰৰ আঁৰত অনুকম্পা আছিল নে ইতিকিং তাই নুবুজিলে । সাঁথৰ যেন লগা শব্দবোৰ উফৰি আহি তাইৰ কাণত পৰিছিল । তাই অবুজ চাৱনি এটাৰে গুণগুণণি তোলা মানুহবোৰলৈ চাই লাটুৰ হাতখন যিমান পাৰে সিমান জোৰে খামুচি ধৰিছিল । একো উৱাদিহ নাপালেও তাই বুজি উঠিছিল মাকৰ অবৰ্ত্তমানত তায়েই ভায়েকৰ বাবে সকলো ।
পুৱা শুই উঠি মাকৰ দৰেই কুমকুমে বাঢ়নিডাল হাতত লৈ চোতালখন সাৰিবলৈ লয় । মাক নোহোৱা হোৱাৰ পৰা কুমকুমে মাকে কৰি যোৱাৰ দৰেই প্ৰতিটো কাম কৰিবলৈ চেষ্টা কৰিছে । প্ৰথমতে তাইৰ অকণি অকণি হাত দুখন কঁপিছিল । কিন্তু লাহে লাহে কামবোৰ তাইৰ বাবে সহজ হৈ পৰিছে । আন্ধাৰবোৰলৈও তাইৰ ভয় নোহোৱা হৈ আহিছে লাহে লাহে ।
এটা সপ্তাহ পাৰ হৈ গ'ল ।
সিঁহতৰ মাকজনী নাহিল । লাটুৱে মাকক কৰি অহা আব্দাৰবোৰ বায়েকক কৰিবলৈ ধৰে । তায়ো যিমান পাৰে লাটুক মাকে ৰখাৰ দৰেই আটোলটোলকৈ ৰাখিবলৈ বিচাৰে । এদিন পুৱা চোতাল সাৰি থাকোতে তাই দেখিছিল মাকৰ উঁৱলি যোৱা চাদৰখন নঙলাডালতে ওলমি ৰৈছিল । তাই ঢপলিয়াই গৈ চাদৰখন দুহাতেৰে সামৰি মাকৰ দেহৰ গোন্ধটো পাৰে মানে উজাই লৈছিল ।
আছিল !
তেতিয়াও সেই চাদৰখনত মাকৰ দেহৰ গোন্ধটো লাগি আছিল । চাদৰখন কোনে কেনেকৈ আনি তাত পেলাই থৈ গ'ল অথবা মাকে পিন্ধি থকা চাদৰখন মাকৰ দেহৰ পৰা খোল খাই সিঁহতৰ নঙলাডালত কিদৰে ওলমি ৰ'ল তাই নুবুজাকৈয়ে সেইখন সামৰি আনি বাকচৰ তলিত ভৰাই ৰাখিলে । লাটুক একো নজনালে তাই । কোনোমতে ল'ৰাটোক তাই চম্ভালি ৰাখিব পৰা কৰিছে । আকৌ যদি মাকৰ কথা ওলালে সি কান্দে , তাই বৰ বিপাঙত পৰিব ।
নাটকৰ পট পৰিৱৰ্তন হোৱাৰ দৰেই এৰি অহা এছোৱা সময়ৰ ধূষৰিত ছবিবোৰ কুমকুমৰ চকুৰ আগেদি পাৰ হৈ গ'ল । এই যেন অলপ সময়ৰ আগতেহে ঘটি গ'ল গোটেই ঘটনাবোৰ ! কোঠাটোৰ এটা চুকত জুপুকা লাগি বহি আছে তাই ।
লাটুৱে আহি তাইক জোকাৰি দিলেহি ,
" কি ভাবি আছনো বা ! এই ভায়েৰক আশীৰ্বাদ এটা নিদিয়নে অত দূৰলৈ যাবলৈ ওলাইছো । আকৌ বা তোৰ ওচৰলৈ কেতিয়া ঘূৰি আহিব পাৰো ! সৈনিক হ'ল তোৰ এই লাটু , বা ! দেশৰ স্বাৰ্থত মই যাতে মোৰ কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰিব পাৰো , মোক আশীৰ্বাদ কৰ বা ! "
আৱেগিক হৈ পৰিল সি । থোকাথুকি হৈ আহিল তাৰ মাতটো । ওৰেটো জীৱন তাৰ গাৰ ছাঁটোৰ দৰে লাগি থকা এই বায়েকজনীক এৰি থৈ সি আজি জীৱনৰ আন এক অধ্যায়ৰ পাতনি মেলিবলৈ আগবাঢ়িছে ।
কুমকুমৰ দুভৰি সাৱটি ধৰিলে সি । তাই চক খাই উঠিল।
এৰা !
তাইৰ আদৰৰ ভায়েকটো যে আজি যাবগৈ সীমান্তলৈ । সেই কেচেলুৱা জীৱনৰ পৰাই তাৰ হাতখন খামুচি থাকি সিহঁত দুয়োটাই আজিৰ এই জীৱন পাইছেহি । মাকৰ অনুপস্থিতিত কুমকুম কেতিয়া লাটুৰ বাবে আন এজনী মাক হৈ পৰিছিল সেয়া তাইৰো মনত নাই আজি ।
তাই সাউৎ কৈ উঠি গৈ বৰণহীন হৈ পৰা বাকচটোৰপৰা উঁৱলি যোৱা মাকৰ চাদৰখন উলিয়াই আনি লাটুৰ সন্মুখত দাঙি ধৰিলে ,
"এইখন তোৰ লগত লৈ যা লাটু । গোটেই জীৱন এইখনৰ ভৰষাতে মই তোক ডাঙৰ কৰিলোঁ । এতিয়াৰপৰা এইখন তোৰ লগত থাকিব সদায় । মাৰ এই চাদৰখনে এটি জোনাকী পৰুৱা হৈ তোক বাট দেখুৱাই যাব । চাদৰখন যিদিনা মই বুটলি লৈছিলোঁ তই বৰ সৰু আছিলি অ' ! কথাবোৰ তই বুজিব পৰা বয়সৰ নাছিলি তেতিয়া । আচলতে কথাবোৰ তেতিয়া মোৰ বাবেও দুৰ্বোধ্য আছিল । কিন্তু জীৱনৰ এটা অধ্যায় পাৰ কৰি অহাৰ পাছত বুজি উঠিছোঁ মায়ে পিন্ধি থকা চাদৰখন কিদৰে মাৰ গাৰপৰা খহি আমাৰ নঙলাডালত ওলমি ৰ'ব পাৰে ! হয়তো এতিয়া তয়ো বুজিব পৰা হ'লি কথাবোৰ । বৰ সযতনে ৰাখিছিলোঁ চাদৰখন আজিৰ দৰে এটা দিনৰ বাবে । আজিও এইখনত মাৰ গাৰ গোন্ধ লাগি আছে । আজি মায়েও নিশ্চয় হাঁহিছে লাটু ! চাচোন চা , এবাৰ চাদৰখনৰ গোন্ধটো উজাই চা ! "
নাকান্দোঁ বুলিও হুকহুকাই কান্দি উঠা কুমকুমক বুকুৰ মাজত লৈ লাটুৱে এবাৰ চাদৰখন নাকৰ ওচৰলৈ নি গোন্ধটো উজাই ল'লে । তাৰ বুকুৰ মাজত সোমাই থকা মৰমৰ বায়েকজনীৰ গাৰ গোন্ধটোৰ সৈতে মাকৰ চাদৰখনৰ গোন্ধটো তেতিয়ালৈ একাকাৰ হৈ পৰিছিল ।
পৃষ্ঠাঃ ৪২
আপচু
শ্ৰী পল্লৱী কৌশিক শৰ্মা, নগাঁও
ফোন - ৯১০১২০৩৫৫৪
: খালে..খালে অ' । দামুৰীটোৱে সোপাকে গাখীৰ খালে । কোনে মোকোলাই দিলে অ' পোৱালীটো ?
বাল্টিটো লৈ গাখীৰ খিৰাবলৈ যোৱা সাৱিত্ৰীয়ে , গাইজনীৰ ওহাৰ খুন্দিয়াই খুন্দিয়াই গাখীৰ চুহি থকা পোৱালীটোক ঠেলাটো মাৰি চিঞৰি উঠিল। গোড়াই থোৱা গোবৰ মাটি অলপেৰে আগফালৰ চোতালখন লেপি থকা জীয়েক মনিয়ে বোকা হাতেৰেই মেখেলাখন ডাঙি পেটিকোটৰ ৰচী ডালতে খোচ এটা মাৰি গোহালিলৈ দৌৰি আহিল ।
: কি হ'ল বৌটি ? সোপাকে গাখীৰ খালে নেকি ? এৰাল ছিঙি আহিল চাগে । কোনে নো বাৰু মোকোলাব পোৱালীটো !
: নাজানো ৰহ , খিৰাই চাওঁ হে । কিমান পৰৰ পৰা চুহি আছে কি ঠিক !
এইবুলি সাৱিত্ৰীয়ে বাল্টিটো পাতি ওহাৰত টান দিলে । তেনেই অলপমান গাখীৰ হে ওলাল । পোৱালীটো মাকৰ ওচৰৰ পৰা আঁতৰাই নিয়াৰ খঙতেই নেকি গাইজনীয়ে লাঠ মাৰি বাল্টিটো বগৰাই সেইখিনিও পেলালে । হায়ৈ-বিয়ৈ কৰি উঠিল মানুহজনীয়ে । ইমান বছৰৰ অপেক্ষাৰ মূৰত অকণমান আশাৰ মুখ দেখুৱাই জীয়েক মাণিক চাবলৈ যতীন আৰু লগৰ দুজন অহাৰ কথা। এতিয়া আলহীক নো ফিকা চাহ কাপ কিদৰে যাচে !
মাকৰ বিননি দেখি মণিৰো মনটো সেমেকি উঠিল ।
: ৰ'চোন বৌটি । কিবা এটা ব্যৱস্থা কৰিব লাগিব । মই আছো নহয় । চিন্তা নকৰিবিচোন । গাখীৰৰ যোগাৰ নহ'লেই যেনিবা , ফিকা চাহকে খাব দে । কিনো ডাঙৰ কথাটো ।
" মই আছো নহয় " এই বাক্যশাৰীয়েই সাবিত্ৰীৰ এটা ডাঙৰ সাহস । কিদৰে ঘৰখনৰ সৰু ডাঙৰ সমস্যাবোৰ টিলিকতে সমাধান কৰি উলিয়াই এই মনিজনীয়ে , মাকে ত'তকে নাপাই । কিন্তু এইহেন কামে-কাজে পাকৈত গুণৱতী জীয়েকক এতিয়ালৈকে এঘৰলৈ গতাব নোৱাৰা কথাটোয়েহে তেওঁক বাৰুকৈ চিন্তাত পেলাইছে । দুজনীকে ভনীয়েকৰ ঘৰ সংসাৰ হোৱা বহু বছৰেই হ'ল । জী-নাতিৰ মুখো দেখিলে।
কিন্তু মণি.. ?
তাইক যে বিয়া কৰিবলৈ কোনো আগবাঢ়ি নাহে । কাৰণ তাই ভনীয়েক দুজনীৰ দৰে দেখনীয়াৰ নহয় । তাইৰ গাৰ ৰংটো ল'ৰা এজনে পছন্দ কৰিব পৰাকৈ মুকলি নহয় । তাই বোলে দেখাত আপচু । যিটো দুখে সাৱিত্ৰীক ল'ৰা এজনে মণিক চাবলৈ আহি নাকচ কৰি যোৱাৰ পিছত বহুদিনলৈকে কন্দুৱাই ।
এইবাৰ কিন্তু গাঁৱৰ সিমূৰে থকা চেনী মিলটোত কৰ্মৰত মিলনে তাইক বিয়া পতাৰ একপ্ৰকাৰৰ ইচ্ছা প্ৰকাশ কৰিয়েই লগৰ দুজন বন্ধু লৈ সিহঁতৰ ঘৰলৈ অহাৰ কথা । প্ৰভুৱে কৃপা কৰিলেই হয় আৰু ! নেদেখাজনক মনতে চিন্তিলে সাৱিত্ৰীয়ে ।
মণিয়ে খৰধৰকৈ চোতালখন মুচি সাউতকৈ গাটো তিয়াই আহিলে । তেলপিঠা কৰিবলৈ পিঠাগুৰি কেইটামান ৰাতিয়েই ভিজাই ৰাখিছিল । সেইখিনি উলিয়াই আঙুলি মূৰেৰে মিঠা জোখৰ হ'ল নে নাই চাই চৌকাত কেৰাহীটো পাতি দিলে । গৰম তেলত ডাঙৰ ডাঙৰকৈ পিঠা কেইটা ভাজি পেলালে তাই । পিঠা কেইটা দেখি মনটো ভাল লাগি গ'ল মণিৰ । বৰ সুন্দৰ কৈ ফুলি উঠিছে । সদায়েই তাইক চাবলৈ অহা ল'ৰাবোৰৰ বাবে এইদৰেই অতি আগ্ৰহেৰে এইবোৰৰ আয়োজন কৰে মণিয়ে । নিজৰ বাবে নহ'লেও মাক দেউতাকৰ মনৰ শান্তিৰ বাবে তাইও মন কৰে কইনা সাজি এখন ঘৰৰ বোৱাৰী হ'বলৈ । পিছে প্ৰতিবাৰেই এই আয়োজনবোৰ যেন মূল্যহীন হৈ পৰে ! লুচী চাহ খাই তাইক চাই ওলাই যোৱা ল'ৰাবোৰৰ পৰা দুনাই একো খবৰ নাহে । এইবাৰ পিছে তাইও আশাবাদী । মিলনে তাইক বিয়া পাতিবই।
পিঠাৰ খোলাখন সামৰি দেউতাকে দেওবৰীয়া বজাৰৰ পৰা আনি থোৱা নাৰিকলযোৰ ফালি ৰুকণিৰে ৰুকি ল'লে তাই। গিলাচ এটাত ৰুকা নাৰিকলখিনি চেপি নাৰিকলৰ গাখীৰখিনি আঁতৰাই থৈ লস্কৰা কেইটামানো কৰি পেলালে ।
: বৌটি.. এইফালে আহ । গাখীৰ নাপাই দুখ কৰিছিলি নহয়, ল' এইখিনি । আলহীক নাৰিকল গাখীৰতে চাহ কৰি খুৱাবি । মই জুহালৰ পৰা উঠিলোঁ । তই ভাতত লাগ এতিয়া । আবেলিলৈ সৰু মইনাহঁতক পঢ়াব নোৱাৰিম নহয়, এতিয়াই পঢ়াই থৈ আহোঁ । পৰীক্ষালৈ বেছি দিন নাই সিহঁতৰ । আজি সৰুমইনাৰ মাকে টিউচন ফীজটোও দিয়াৰ কথা কৈছে । ভিতৰৰ বস্তু কিবা আনিব ল'গা আছে নেকি ?
চাদৰৰ আচলতে হাতখন মোহাৰি মাকক কথা কেইটা কৈ মণিয়ে মাকৰ মুখলৈ চালে ।
: নালাগে যা .. তই মাত্ৰ দেৰি নকৰিবি । ভিতৰৰ সকলোবোৰ দেউতাৰে আনিয়েই থৈছে । সোনকালে আহি অলপ নিজকে সজাবি মাথোঁন । ছাই লাগি আঙুলিবোৰ তেনেই লেতেৰা দেখাইছে । আবেলিলৈ ল'ৰা এজন নাহিব জানো তোক চাবলৈকে !
: হ'ব দে । সৰুতে চাগৈ খাটি সৰিয়হ তেল এগাল লেপি ৰ'দতে পেলাই থৈ জীয়েৰীক ক'লিমাই বনালি । এতিয়া ল'ৰাই পচন্দ নকৰে বুলি চিন্তা কৰি মৰিছ' কিয় ? একেটা পেটৰ পৰা ওলোৱা ভন্টীহঁত যে ইমান বগা চিগা হ'ল মই নো কিয় নহ'লোঁ ? মোৰ আঙুলীবোৰ এনেকুৱাই । কি কৰিবি এতিয়া ?
মুখখন ওন্দোলাই মণি ওলাই গ'ল । বুজে তাই মাকৰ মনৰ দুখবোৰ । তাইৰ সুখৰ সংসাৰ এখনৰ সপোন যে মাকে সদায়েই দেখি আহিছে উপলব্ধি কৰে তাই । কিন্তু কি কৰিব ? সেই জীয়া সপোনটো যে তাইও জোলোঙাত ভৰাই সামৰি থ'বলগা হৈছে । তাইৰ দৰে আপচুজনী যে কাৰো পচন্দেই নহয় ।
সৰুমইনাৰ মাকে দিয়া টিউচন ফীজটোৰে পোনাৰ দোকানৰ পৰা ফেয়াৰ এণ্ড ল'ভলি এটা কিনি আনিলে তাই । ভনীয়েক দুজনীয়ে সেইবোৰ ঘঁহা দেখিছিল । কিজানি তাইকো অকণমান বগা দেখায়েই ! এপেকেট ক'লা টিপ ফোটও ল'লে । পিছে বৰকৈ মন যায় তাইৰ সেন্দূৰীয়া আলি এটাৰ তলতে ৰঙা ফোঁট এটা কপালত আঁকিবলৈ ।
ঘৰলৈ আহি মাকে যতনাই দিয়া ভাতকেইটা খাই মণিয়ে বাৰীৰ পৰা তলত সৰি থকা কৰ্দৈ টেঙা দুটামান আনি কুৱা পাৰতে বহি ল'লে । মাকে কোৱামতে টেঙা দুটাৰে হাত ভৰি বোৰ ঘঁহি ঘঁহি ধুবলৈ ধৰিলে । হয়ও মাকে এনেই কোৱা নাই । এনেই ক'লি তাতে কি জানো চেকা বোৰ লাগিল ! বৰ লেতেৰা হৈ আছে হাতদুখন । তাইক সেইদৰে দেখি কাষৰ ঘৰৰ ৰাজুয়ে জোকাবলৈ ধৰিলে...
: একেবাৰে ধকেধকাই গ'লি ঐ। আজি পিছে কোনোবা আহিব নেকি হা ? ইমান পালিচ মাৰিছ' যে । যিমানেই নামৰ' এঙাৰ গাখীৰত ডুবালেও বগা নহয় বুজিছ' । তই চেইল নাযাৱ' । বাপেৰৰ বোজা হৈয়েই গেলিবি ঘৰতে ।
ক'বলৈ মন গৈছিল মণিৰ দস্তুৰমত বি.এ পাছ কৰি টিউচনৰে তাই নিজৰ খৰছ নিজেই উলিয়াই লৈছে । ভনীয়েক দুজনী আৰু মাক দেউতাকৰ অভাৱ অভিযোগবোৰৰো খবৰ ৰাখিছে । তাৰ দৰে বাপেকৰ টকাৰ ওপৰত বহি খোৱা নিকম্মা নহয় তাই । কিন্তু নক'লে। মুখেৰে একোৱেই নামাতিলে । কাৰণ সময় এতিয়া তাইৰ পক্ষে নাই । আজিৰ তাৰিখত গৰ্ব কৰিব পৰাকৈ তাইৰ একোৱেই নাই । তাই যে আজি এজনী বয়সে ভাটি দিয়া আপচু অবিবাহিতা নাৰী ।
এনেকুৱা কথাবোৰে বিন্ধে মণিৰ বুকুখন । সৰুৰে পৰা বিন্ধি আহিছে । লাহে লাহে গেলাই পেলাইছে । দুখবোৰ নেদেখুৱাই তাই কাকো । নেদেখুৱাই , মাকজনীয়ে দুখ পাব বুলিয়েই ।
ইয়ে ৰাম এই কিয় এনেকুৱা হ'ল ? আপোনাৰ বাকী দুজনীৰ লগত আকাশ পাতাল পাৰ্থক্য দেই । এইক কোনে বিয়া পাতিব ? এইজনী দেখোন ঘৰ বুঢ়ী হৈ মৰিব' আদি বহুত কথা মাকে হজম কৰিব লগা হৈছে তাইৰ বাবে । গতিকে মনৰ দুখবোৰ মণিয়ে মনতে বান্ধি ৰাখিছে ।
আটা কেইটামান সানি , কেঁচা মটৰ আলুৰে ঘুগণি এখন বনাই সাৱিত্ৰীয়ে ঘনাই জপ'না মুখলৈ অহা যোৱা কৰি থাকিল । অপেক্ষাৰ সুগন্ধিময়তাই ভৰাই ৰাখিছে তেওঁৰ মনটো । মিলনে কথা দিয়া মতে মণিক বিয়াখন পাতিলেই গধুৰ বোজা এটাৰ পৰা মুক্ত হ'ব সাৱিত্ৰী । চকুৰ আগতে ছোৱালীজনীয়ে বয়সৰ দেওনা পাৰ কৰি গৈ আছে । মাক বাপেক হালে চাই থকাৰ বাদে একো কৰিব পৰা নাই ।
জন্ম , মৃত্যু , বিবাহ নেদেখাজনৰ হাততে আচলতে । কপালৰ লিখা খণ্ডাব নোৱাৰে কোনেও । তথাপিও মাকৰ মনটোৱেহে বুজে , ভনীয়েকহঁত ল'ৰা ছোৱালী কেইটা লৈ মাকৰ ঘৰলৈ আহিলে মণিৰ যে বুকুখন উদং যেন হৈ পৰে সেই অনুভৱৰ তীব্ৰতা মাকজনীৰ চকুত হে পৰে । তাৰোপৰি গোটেই কেইজনীৰ ভিতৰত মণিলৈ মাকৰ মৰম বেছি । মাকৰ মতে বাকী দুজনী ৰূপৰেহে ধুনীয়া , কিন্তু মণিৰ মনটো সিহঁত দুজনীতকৈ বেছি ধুনীয়া। মৰমৰ ছোৱালীজনীয়ে লুকুৱাই ৰাখিব বিচৰা দুখবোৰ সহিবলৈ টান হয় সাবিত্ৰীৰ।
চিন্তাবোৰ গিৰীয়েকৰ আগত জনাওঁতে এদিন তেখেতে সাৱিত্ৰীক বুজাইছিল ...
: বিয়াৰ যোগ নামিলে মণিৰ দৰা ঘৰতে ওলাব সাৱিত্ৰী। ইমান ধৰফৰাই নাথাকিবাচোন । ভগৱানে স্ৰজিছে , তেওঁৱেই চকু মেলি চাব । দেখাই শুনাই চকুত লগা নহ'লেও আমাৰ মণিৰ দৰে গুণৱতী ছোৱালী খুব কমেইহে আছে দেই , জানি থ'বা । তাইকো পচন্দ কৰিব এদিন কোনোবা এজনে । আৰু বিয়া নহ'লেই যেনিবা আমি মাক বাপেকহাল আছো নহয় । তাই আমাৰ লগতেই থাকিব দেখোন ।
বাপেকৰ কথাত সাময়িক ভাৱে পতিয়ন গ'লেও দিন বাগৰাৰ লগে লগে সাবিত্ৰীৰ চিন্তাৰ ভাৰখনো বেছি গধুৰ হ'বলৈ ধৰিছিল । মণিৰ কপালত বিয়াৰ যোগনো কেতিয়াকৈ নামিব ?
আৰু এদিন মিলৰ পৰা ঘৰলৈ উভটাৰ পথত হঠাৎ অহা দ'পদ'পিয়া বৰষুণ এজাকে মিলনক লৈ আহিছিল মণিৰ ঘৰলৈ ।
যেন ঈশ্বৰৰ ইচ্ছা !
বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈকে একো নাভাবি সোমাই দিছিল মিলন সিহঁতৰ ঘৰত । মণিৰ আতিথ্যই, মণিৰ সৰলতাই , মণিৰ ব্যৱহাৰে অচিনাকি মিলনক সেইদিনাই আকৰ্ষিত কৰিছিল । লাহে লাহে মিলন সঘনাই সিহঁতৰ ঘৰলৈ আহিবলৈ ধৰিলে । মণিক তাৰ ভাল লাগিব ধৰিছিল আচলতে। তাইৰ বুদ্ধিদীপ্ত দুচকু আৰু নিঃস্বাৰ্থ মৰমবোৰে টানি আনিছিল সেইখন ঘৰলৈ তাক ।
এদিন সি মুকলিকৈ মণিক বিয়া পতাৰ কথা অৱগত কৰিলে । মণি আচৰিত হ'ল । কি শুনিছে এয়া তাই ! এজন পুৰুষ স্বইচ্ছাই আগবাঢ়ি আহি তাইক বিয়া পতাৰ কথা কৈছে ! তাই যেন নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাই ।
: কি কৈছে এয়া আপুনি ? মোৰ দৰে এজনীক বিয়া পতাৰ কথা ভাবিছে ? আপুনি সঁচাই কৈছে নে , নে আন দহজনৰ দৰে সপোন দেখুৱাই মোক পুনৰ আঘাত দিয়াৰ কিবা পৰিকল্পনা কৰিছে ।
: কিয় ভাবিছা সেইদৰে মণি ? মই ঠিৰাং কৰি পেলাইছোঁ তুমি মত দিলে মই তোমাক বিয়া পাতিম । তোমাৰ দৰে কাৰোবাক পত্নী হিচাবে পালে মই নিজকে সৌভাগ্যবান বুলি ভাবিম । মোৰ ঘৰখনক, ৰুগীয়া মাজনীক তোমাৰ দৰে উপযুক্ত বোৱাৰী এজনীৰেই প্ৰয়োজন ।
মণি মৌন হৈ পৰিল। সুখত নে দুখত নুবুজিলে , মাত্ৰ দুগাল তিয়াই চকুপানীবোৰ বৈ আহিল তাইৰ।
: মোৰ গাৰ বৰণক লৈ একো আপত্তি নাই আপোনাৰ মিলন দা ? মই যে আপচু বুলি হাঁহে সকলোৱে । আপুনি মোক মনেৰে গ্ৰহণ কৰিছে নে সঁচাই ? মোৰ বিশ্বাস হোৱা নাই ।
: কোনে ক'লে তুমি আপচু ? তুমি বহুত ধুনীয়া মণি । তুমি মনেৰে ধুনীয়া। তোমাৰ সৰলতাই তোমাক ধুনীয়া কৰি তোলে । তোমাৰ চকুৰ উজ্জ্বলতাই তোমাক আৰু ধুনীয়া কৈ সজাই । মই ভাল পাই পেলাইছো তোমাক মণি ।
দুবাহুৰে আঁকোৱালি ধৰিলে মিলনে মণিক ।
জীৱনত প্ৰথম বাৰ এজন পুৰুষৰ স্পৰ্শ , মণি যেন সপোন জগত এখনত হে বিচৰণ কৰি আছে ! হৃদয়ৰ গভীৰতাৰে অনুভৱ কৰি চালে তাই সেই স্পৰ্শক । সকলোৱে লেই-লেই চেই-চেই কৰা মণি আজি তাইৰ প্ৰেমত পৰা এজন সুঠাম সবল পুৰুষৰ বাহুবন্ধনত । হঠাৎ অহা ইমানবোৰ সুখ সামৰি থবলৈকে যেন বুকুখনত এতিয়া ঠাইৰ অভাৱ ।
: মই মা দেউতাক জনাম নে কথাবোৰ ? মণিয়ে সুধিলে ।
: নিশ্চয় । ময়ো এতিয়াই কৈ যাম আৰু অহা সোমবাৰেই মই দুজন বন্ধুৰ লগত আহি তোমাক আঙুঠি পিন্ধাম । মোৰ মা শয্যাশায়ী । আহিব নোৱাৰিব । আপত্তি নকৰিবা । মোৰো বয়স ৰৈ থকা নাই । মই আচলতে তোমাৰ দৰে ঘৰ-ধৰা ছোৱালী এজনীৰ সন্ধানত আছিলো ইমান দিনে । তোমাক পালোঁ । এতিয়া আৰু ৰৈ থকাৰ প্ৰশ্নই নুঠে।সোনকালেই তোমাক বিয়া পাতিম মই ।
মিলনে মণিৰ মাক দেউতাকক কথাবোৰ জনালে । এক মুহূৰ্তৰ বাবে দুয়ো বিশ্বাস আৰু অবিশ্বাসৰ চাকনৈয়াত ওলমি ৰ'ল । সাৱিত্ৰীয়ে হুকহুকাই কান্দিয়েই দিলে । তাইৰ মৰমৰ জীয়েকজনীৰ আপোন বুলি কোনোবা এজন থাকিব এতিয়াৰ পৰা , তাইৰো নিজৰ এখন ঘৰ হ'ব ভনীয়েক দুজনীৰ দৰে । এইবাৰ সপোন নাভাঙিবা ঈশ্বৰ । ভগৱানক কাকূতি কৰিলে তেওঁ ।
কথাবোৰ ভাবি থাকোঁতেই মিলন আহি সাবিত্ৰীৰ পদূলি মুখত উপস্থিত হ'ল । মানে এতিয়া তেওঁলোক নিশ্চিন্ত হ'ব পাৰে । মিলনে সচাঁকৈয়ে মণিক বিয়া পাতিব ! মিলনক পদূলি মুখত দেখি হে ইমান পৰে সাৱিত্ৰীৰ মনত থকা প্ৰশ্নবোধক চিনবোৰ মোচ খাই গ'ল । বন্ধু দুজনৰ সৈতে মিলনক আদৰি সাদৰি সাৱিত্ৰীয়ে ভিতৰলৈ লৈ গ'ল । দেউতাক ওলাই আহি তিনিওৰে লগত কথা পতাত ব্যস্ত হ'ল ।
মণিয়ে আইনাৰ সন্মুখত ৰৈ গোন্ধ তেল অলপ লগাই আটি আটি বেণু এডাল গাঁঠি ল'লে। দীঘল বেণুডাল তাইৰ পিঠিখনত নাচি নাচি পৰি থাকিল । আজি তাইৰ মনটোৱেও নাচি আছে দেখোন ! সুখবোৰত কাৰো চকু নপৰিলেই হ'ল আৰু । আকাশী নীলা কপাহী কাপোৰযোৰ ভালদৰে মেৰিয়াই মণিয়ে আকৌ এবাৰ আইনাখন চালে। কেতিয়াও নিজকে ধুনীয়া নেদেখা ছোৱালীজনীয়ে কিন্তু আজি নিজকে বৰ ধুনীয়া দেখিলে । পোনাৰ দোকানৰ পৰা অনা ফেয়াৰ এণ্ড লভলি ক্ৰিমটোলৈ মনত পৰাত তাৰো অলপ গালখনত লগাই চালে তাই । সন্তুষ্ট নহ'ল পিছে । ভাওনা কৰিব যোৱা ভাওৰীয়াটোৰ দৰেহে দেখিলে নিজকে । তাইৰ নিজৰ গাৰ ৰংটোৱেই ভাল আচলতে । মিলনেটো তেনেকৈয়ে তাইক পচন্দ কৰিছে । মুখখন ধুই আহিলগৈ তাই ।আশা পূৰণৰ ব্যৰ্থ চেষ্টাত মানুহে নিজস্বতাবোৰ এৰি দিব নালাগে আচলতে । তাই যেনেকুৱা, তেনেকৈয়েই থাকিব । ভগৱানে যি দৰে স্ৰজি পঠালে সেই ৰূপতেই মিলনক পাইছে তাই । ইয়াতকৈ আৰু কি লাগিছে !
মাক জীয়েক দুয়ো চাহ জলপানেৰে আলহীক অপ্যায়ন কৰিলে । বন্ধু দুজনে সকলোখিনি মিলনৰ মুখেৰে গম পাইছিলেই । মণিক বন্ধু পত্নী হিচাবে মানি ল'বলৈ সেইবাবে তেওঁলোকৰ অসুবিধা নহ'ল । বন্ধুৰ পচন্দক তেওঁলোকে না পচন্দ কৰিব নোৱাৰে । সকলোৰে উপস্থিতিত মিলনে মণিৰ অনামিকা আঙুলিত আঙুঠি এটা পিন্ধাই দিলে । বৈবাহিক জীৱনৰ বাটত প্ৰথমটো খোজ পেলাই দুয়ো আৱেগিক হৈ পৰিল। মাক দেউতাকে দুয়োকে অন্তৰ উজাৰি আশীৰ্বাদ দিলে । বুকুৰ মাজত পুহি ৰখা কিমান যে গধুৰ শিল এছতা আঁতৰাই পেলাবলৈ সক্ষম হ'ল আজি তেওঁলোক ।
অলপ দিনৰ পিছতেই মণি আৰু মিলনৰ সামাজিক ভাৱে বিয়া হ'ল । বিয়াৰ দিনাও কইনাৰ ৰূপক লৈ বহুতে নানান কথা ক'বলৈ ধৰিলে ।
কইনা যে মিলনৰ লগত অলপো নিমিলিল দেই । ইমান ধুনীয়া ল'ৰাটোয়ে এইজনীক হে পালে নে ? বগা পাটৰ সাজযোৰে যে ইমান বেয়া দেখাইছে কইনাক ! ল'ৰাই কিন্তু বৈদ্য ঠগ খালে দেই ।
হাজাৰটা কথা মণিৰ কাণত পৰিল । এইবাৰ কিন্তু কথাবোৰে তাইৰ বুকুৰ ঘাঁ দোখৰত আঘাত দিব নোৱাৰিলে । সৰুৰে পৰা শুনি শুনি ডাঙৰ হোৱা এই কথাবোৰ মিলনৰ হাতত হাত থৈ নতুন জীৱনলৈ আগুৱাই আহোঁতেই যেন অৰ্থহীন হৈ পৰিল । মিলনে শিৰত আঁকি দিয়া সেন্দুৰক'ণে কথাবিলাক আওকাণ কৰিব পৰাকৈ সাহস দিলে তাইক । এতিয়া তাইক মানুহে আপচু বুলি নহয় , মিলনৰ পত্নী বুলি চিনি পাব । এসোঁতা সুখ চকুৰ কোণেৰে বৈ আহিল মণিৰ ।
প্ৰথম অৱস্থাত শাহুয়েকেও মনেৰে আপোন কৰি ল'ব পৰা নাছিল তাইক। কিন্তু সময়ৰৰ লগে লগে সকলো সলনি হ'ল । মণিৰ সৰলতাই শাহুয়েকৰ ভাৱধাৰা সলাই পেলালে ।
কাৰোবাক অন্তৰেৰে ভালপালে বাহ্যিক সৌন্দৰ্য্যই প্ৰভাৱ পেলাব নোৱাৰে আচলতে । উপলব্ধি কৰিলে মণিয়ে। আজি তাইও কাৰোবাৰ চকুত ধুনীয়া ।
দুবছৰৰ মূৰত মণি এজনী ছোৱালীৰ মাক হ'ল । কণমানি পৰিজনীলৈ প্ৰথম চকু যাওঁতেই আনন্দই নধৰা হ'ল তাইৰ । তাইৰ গাৰ বৰণ মাকৰ দৰে নহয় দেখোন ! গুলপীয়া পৰিজনীক বুকুতে সাৱটি লৈ কৈ উঠিল তাই..
: মোৰ গোসাঁনীজনী , মায়ে সৰুৰে পৰা সন্মুখীন হোৱা অৱজ্ঞা , তাচ্ছিল্যবোৰৰ পৰা মুক্ত তুমি । মনেৰেও ধুনীয়া হ'বা দেই ।
পৃষ্ঠাঃ ৪৩
বেলি
দীপজ্যোতি দাস
নলবাৰী, মো-৮৮২২৬৪১৫৪৭
email- dipjyotidas822@gmail.com
গধূলিপৰত নদীৰ পাৰত বহি দূৰৰ গছবোৰৰ গাত ৰহণ সানি দিয়া বেলিটোলৈ একান্তমনে চাই দিগন্তই মনতে ভাবে কিয় জানো বেলিটো সদায় একে হৈ নাথাকে ? কিবা নহয় কিবা যেন বেলেগ ৰূপত বেলিটোৱে দেখা দিয়ে ৷ দিনটোতে কিমান ধৰণে দেখিবলৈ পোৱা যায়৷ কেতিয়াবা ইমানে উজ্জ্বল দৃপ্তিমান চাবকে নোৱাৰি ৷ কেতিয়াবা হেঙুলীয়া৷ কেতিয়াবা শুভ্ৰ মেঘৰ আঁৰেৰে দীঘল দীঘল ৰশ্মি হৈ সৰকি পৰে আৰু কেতিয়াবা কৰাল ডাৱৰৰ মাজেৰে বেদনা গধুৰ মুখখনি লাহেকৈ উলিয়াই দিয়ে৷ কোনোদিনত আকৌ কুঁৱলীৰ মাজেৰে গোলাকাৰ এখন ৰঙীন কাঁহীৰ দৰে হৈ থাকে৷ বেলিয়ে নিজে একে হৈ থাকি ভাল নাপায়৷ বেলিৰ ওপৰতে ধৰণীৰ ছবিখন প্ৰকাশিত হয়৷ মানুহ পৃথিৱীৰ একোটি ক্ষুদ্ৰ জীৱ৷ যাৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীখন জীয়াই আছে তেনেখন ধৰাৰ মানুহৰ জীৱন সদায় একে থাকিব কেনেদৰে ? থাকিব নোৱাৰে৷ মানুহৰ জীৱন নানাৰঙী৷ সকলোকে আকোঁৱালী লৈ মানুহ জীৱনৰ প্ৰকৃত ৰঙেৰে উদ্ভাসিত হোৱাই শ্ৰেয়৷ প্ৰেম আছে বাবে হিংসা আছে৷ শান্তি আছে বাবে আঘাত আছে৷ সুখ আছে বাবে দুখ আছে৷ সকলোকে সহজ ভাবে ল’ব পৰা জনে হয়তো সূৰ্য হৈ জিলিকি থাকে মানৱ আকাশত৷ মানৱজাতিৰ বাটকটীয়া হয়৷ উদাহৰণ হয়৷ প্ৰেৰণা হয়৷ জীৱনটোক নতুন ৰূপত চাবলৈ শিকাবলৈ বেলিয়ে ৰাতিৰ আন্ধাৰত লুকায়৷ এটি ৰাতিৰ অন্তত আকৌ প্ৰভাতী কিৰণ ঢালি দিয়ে৷ পৃথিৱী সাৰ পায়৷ জীৱনে নতুনকৈ প্ৰাণ পাই উঠে৷
দিগন্তই গধূলিৰ অস্তমিত বেলিটো কুলুকুলুকৈ বৈ থকা নদীখনৰ বুকুত এবাৰ চালে৷ নদীৰ শান্ত ঢৌবোৰ ৰঙীন হৈ বৈ গৈ আছে৷ এৰা নদীয়েও বেলিৰ ৰঙকে সানি নিজৰ স্বৰূপ প্ৰকাশ কৰে৷ দিগন্তই নিজকে উপলব্ধি কৰি চায়৷ সি মানুহ৷ তাৰ আৰু কি দুখ থাকিব পাৰে৷ কোনো দুখ নাই৷ দুখকে সাবতি জীৱনক নিৰস কৰিবলৈ বেলিয়ে পৃথিৱীক সৃষ্টি কৰা নাই৷ দিগন্তৰ গালে মুখে নতুন উদ্যমৰ ৰঙীন আভা বিকিৰণ হ’ল৷ সি ঘাটত নামি নদীৰ নিৰ্মল পানীৰে মুখখন ধুই পানীত মুখখন চালে৷ ভিন্ন ৰেখাৰে অংকিত তাৰ মুখখনি স্পষ্ট হৈ দেখা দিছে৷ বহুদিন মূৰত সি নিজৰ আপোন মুখখন বিচাৰি পালে৷ হয় যি বেদনাই তাক জীৱনক চিনিবলৈ শিকালে সেই বেদনাৰ আঁৰত থকা সুখক সি নাম দিব৷ কি নাম দিব বাৰু৷ জীৱনৰ নাম যে বহুত৷ কথাটো ভাবি দিগন্তই মথাউৰিৰে ঘৰলৈ বুলি গৈ থাকিল৷ বেলিটোৱে লাহে লাহে গছবোৰৰ সিটো পাৰে নিঃপালি দিলে৷
পৃষ্ঠা ৪৪
ডিজিটেল উপনয়ন
স্বাগতা বৰুৱা গোস্বামী
নগাঁও
পুৱাৰ হাঁহি চেঁচা বতাহজাকে দৰদী দৰদী বুলি এটা সুন্দৰ ৰিংটন বাজি উঠিল। ফোনতো কাণত লৈয়ে জোনটি একপ্ৰকাৰৰ চিন্তাত পৰিল।এতিয়া কি হ'ব ? জোনটিৰ কণ্ঠস্বৰৰ দুৰ্বলতা দেখি ঘৰৰ সকলোৰে দৃষ্টি কেৱল জোনটিৰ ওপৰতে নিৱন্ধ। অ' বাইদেউ, এতিয়া কি হ'ব ?হেৰি শুনিছেনে আমাৰ ইটোৰ পাছত সিটো সমস্যা কিয় আহি আছে বাৰু ? কি কৰোঁ বাৰু এতিয়া ? কি হ'ব এতিয়া ? কথাটো কোৱা আগতে বুলি জোনটিৰ স্বামী ৰণে চিঞঁৰি উঠিল। জোনটিয়ে বোলে ৰ'ব মই কৈ আছো আগতে পানী এগিলাচ খাই ল'ব লাগিব। গতিকে পাঠকসকল ইমান সময়ে আপোনালোকেও কি হ'ল ভাবি আছে চাগৈ, জোনটিয়ে পানী গিলাচ খাই মানে মই আপোনালোকক অলপমান কাহিনীটো কৈ লওঁ।
ৰণৰ ঘৰত ৰণ, ৰীত, জোনটি আৰু ৰণৰ বায়েকৰ সৈতে এখন সৰু সুখৰ সংসাৰ। তেওঁলোকৰ ঘৰ গোলাঘাটত। ব্ৰাহ্মণ সম্প্ৰদায়ৰ হোৱাৰ হেতুকে ৰণৰ পুত্ৰক লগুণ দিয়াৰ সময়। এইবাৰ যেনিবা ৰবি, তাৰা সকলোবোৰ মিলিছে।আগৰ বছৰ পাতিম বুলি ভাবিও এটাও দিন নাপালে।এইবাৰ যেনেতেনে এটা দিন মিলিছে। বহুত আশাৰে উপনয়নখন পাতিম বুলি আগবাঢ়োঁতেই লাগিল লেঠা।যোৱাবছৰৰ দৰে এইবাৰো অতিমাৰী আহি আমাৰ পদুলি পালেহি। চাৰিওফালে হাহাকাৰময় পৰিবেশ। চৰকাৰী নীতি নিৰ্দ্দেশনা কোনো অনুষ্ঠনত দহজনতকৈ অধিক মানুহ থাকিব নোৱাৰিব। কথাষাৰ শুনাৰ পৰা ৰণদীপ ভট্টাচাৰ্য্যৰ ঘৰৰ সকলো চিন্তাতেই পৰি গ'ল।কাৰণ শাহুৱেক শহুৰেক নথকা ঘৰখনত জোনটিৰ একমাত্ৰ ভৰষা আছিল তাইৰ বায়েকৰ ওপৰত। জোনটিৰ মাক, দেউতাকৰো ইতিমধ্যে মৃত্যু হৈছে। গতিকে বায়েকেই কেইদিনমানৰ আগত আহি সকলোবোৰ কাম বন কৰি দিব বুলি জোনটি নিশ্চিন্ত আছিল। কিন্তু হঠাৎ যেন সকলোবোৰ" ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি"ৰ দৰে হৈ পৰিল। কাৰণ বায়েকৰ ঘৰ নগাঁৱত। চৰকাৰী নিৰ্দ্দেশনা আন্তঃজিলা যাতায়ত বন্ধ। হ'ব আৰু উপায় নাই বুলি জোনটিয়ে নিজেই নিজকে সান্তনা দি বায়েক আৰু পুৰুহিতৰ লগত লগ হৈ সকলোবোৰ বস্তু পাতি যোগাৰ কৰিলে। এনেতে নিৰ্দিষ্ট দিনটো আহিল। ৰীতৰ উপনয়ন। ৰাতিপুৱাৰ পৰা কামৰ ব্যস্ততা। সেইদিনা জোনটি আৰু তাইৰ জেশাহুৱেকে চাৰি বজাতেই শোৱাপাটী এৰিছে। জোনটিয়ে লৰা লৰিকৈ ঘৰৰ কোঠালী কেইটা সাৰি মচি গা-ধোৱা ঘৰত সোমাইছেগৈ। গা-ধুই আহি আলমাৰিটো খুলি লওঁতে দুগালে দুধাৰী চকুলো বৈ আহিল। হঠাৎ পিঠিত দিয়া এটা জোকাৰতহে যেন তাইৰ সম্বিত ঘূৰি আহিল। কি হ'ল আহাঁ আকৌ বহুত কাম আছে নহয়। কিয় কান্দিছা তুমি।নহয় অ' বাইদেউ তাৰ উপনয়ন বুলি লোৱা কাপোৰ কেইযোৰ দেখি মনতো সেমেকি উঠিল। এতিয়া আৰু সেইকেইযোৰ নিপিন্ধো বুজিছে বাইদেউ। বাইদেউয়ে বোলে মই যি কেইযোৰ যেনেকৈ পিন্ধিম বুলি ভাবিছিলো তেনেদৰেই পিন্ধিম কাৰণ আমাৰ অনুষ্ঠানটোলে মানুহ আহিবহে নোৱাৰে । কিন্তু সকলোৱেতো ঘৰে ঘৰে অনুষ্ঠানটো দেখিবলৈ পাব।মানে বাইদেউ মই বুজা নাই।কেনেকৈ সম্ভৱ সেইটো ? কিয় আমিতো উপনয়ৰ সকলো মূৰ্হূত কেমেৰাত বন্দী কৰি ছচিয়েল মিডিয়াত দি দিম সেইবাবে মই যেনেকৈ পিন্ধিম বুলি ভাবিছোঁ তেনেদৰেই পিন্ধিম আৰু তুমিও পিন্ধিব লাগিব। অহ বাইদেউ মইতো সেইটো কথা ভবাই নাছিলো, বুলি কাপোৰযোৰ উলিয়াই পিন্ধি ল'লে। নিমিষতেই যেন জোনটিৰ মনতো ফৰকাল হৈ গ'ল। তেনেতে পুৰুহিতো আহি পালেহি। সকলোবোৰ কাম নিয়াৰিকৈ হৈ গৈ আছে।পুৰুহিতে ক'লে এতিয়া পানী তুলি আহকগৈ। এতিয়াহে লেঠা লাগিল আয়তি লাগে তিনিগৰাকী। কি হ'ব এতিয়া ?বায়েকলৈ ফ'ন লগালে, বা শুনচোন তিনিগৰাকী আয়তি লাগে কি কৰো বাৰু এতিয়া ?তই ভিডিঅ' কলিং কৰ মই সকলো ঠিক কৰি আছো।কোৱামতেই কাম জোনটি, জেশাহুয়েক আৰু ফনত তাইৰ বায়েক। জোনটি মই প্ৰশ্ন কৰি যাম আৰু তই উত্তৰ দি যাবি।
কাক দেখি আহিলা
হৰ গৌৰীৰ মুখ দেখি আহিলো।
কিয় আহিলা
বতুৰ উপনয়নৰ পানী তুলিবলৈ আহিলো।
কাৰ পানী কাতিছা ?
বতুৰ উপনয়নৰ পানী কাটিছো। এইবাৰলৈ যেনিবা ৰক্ষা পৰিল আৰু পিছৰখিনিও ভালদৰেই পাৰ হৈ গ'ল। অহঃ আমাৰ জোনটিও পানী গিলাচ খাই পাইছেহি দেই। পিছৰ খিনি তেওঁৰ মুখেৰেই শুনোছোন আহক। হেৰি আমি আকৌ বিপদত পৰিছো। আজি দৰ পেলোৱা ভোজলৈ বোলে দেউ আহিব নোৱাৰে ,তেখেতৰ ৰাতিপুৱাৰ পৰা অহা যোৱা চলিছে। ৰণে বোলে ধৈৰ্য্য ধৰা আৰু তোমাৰ বায়েৰালৈ ফ'ন লগোৱা। বায়েকৰ তাত ফ'ন বাজিল। বোলে বাইদেউ আমি আকৌ মহা বিপদত..তুমিয়েই শেষ ভৰষা উদ্ধাৰ কৰা। আমি বৰ চিন্তাত পৰিছো। হয় নেকি ৰ'বা চোন কি কৰিব পৰা যায় চিন্তা কৰোঁ। অলপ সময়ৰ পাছত বায়েকৰ ফ'ন আহিল বোলে মই আমাৰ দেউৰ লগত কথা হ'লো তেখেতে ভিডিঅ' কলত কৈ যাব নিয়মখিনি ৰীতক কৰি যাবলৈ কৈছে আৰু ৰীতৰ লগত ভাতসাজঁত দেউতাকক বহি দিবলৈ কৈছে। এইদৰেই কথা মতে কাম কৰি ভিডঅ' কলতে সীমাবদ্ধ হ'ল।
ক'ৰনা ডিজিটেল উপনয়ন।
পৃষ্ঠা ৪৫
আৰ্ট গেলাৰীঃ
ক/
নাং মৌকুঁহি গগৈ
ক্লাচ 2
ডনবক্সো হাই স্কুল
লিচুবাৰী
পৃষ্ঠা ৪৬
শেষ পৃষ্ঠাৰ লেখাঃ
ক'ভিডকালীন পৰিস্থিতিত
অসমৰ সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ ওপৰত পৰা
প্ৰভাৱ : প্ৰত্যাহ্বান আৰু প্ৰত্যাশা
পৰিণীতা কলিতা
সহ সম্পাদিকা অঙ্গন
' At the end of the day, the most overwhelming key to a child's success is the positive involvement of parents and teachers.
Together we may give our children the roots to grow and the wings to fly...'
শিক্ষাই হৈছে মানৱ জীৱনৰ মূল ভেটি আৰু ঘৰখনেই হ’ল শিক্ষাৰ কঠিয়াতলী। তাৰ পিছতে স্থান পঢ়াশালিৰ। বৰ্তমান সময়ৰ সমাজ ব্যৱস্থা তথা যুগৰ পৰিৱৰ্তন, সমাজত ঘটি থকা বিভিন্ন ঘটনাৱলী আৰু শিক্ষা ব্যৱস্থাত সঘনাই সলনি হোৱা দৃশ্যপটে ছাত্র-ছাত্ৰীৰ ওপৰতো বাৰুকৈয়ে প্ৰভাৱ পেলাইছে।
কভিড-১৯ মহামাৰী বিশ্বজুৰি বিয়পি পৰাৰ ফলত অসমতো সমাজৰ বিভিন্ন দিশত অভূতপূৰ্ব প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ শিক্ষাখণ্ডত অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ অসমৰ প্ৰায় সকলো শিক্ষাৰ্থী ১৫ মাৰ্চ, ২০২০ ইং তাৰিখৰ পৰা বৰ্তমানলৈকে নিজ নিজ শিক্ষানুষ্ঠানৰ পৰা আঁতৰত আছে৷ মুঠৰ ওপৰত কভিড-১৯-এ শিক্ষণ আৰু প্ৰত্যক্ষ শৈক্ষিক প্ৰক্ৰিয়ালৈ স্থবিৰতা নমাই আনিছে৷ এই কঠিন পৰিস্থিতিক মোকাবিলা কৰিবলৈ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানে শিকন আৰু শিক্ষণ প্ৰক্ৰিয়াক বিভিন্ন গণ মাধ্যম আৰু প্ৰযুক্তিৰ সহায়ত চলাই থকাৰ প্ৰয়াস কৰি থকা দেখা গৈছে৷ চৰকাৰী সংস্থা আৰু বিভিন্ন বৈদ্যুতিন চেনেলবোৰেও ডিজিটেল মাধ্যমত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা লৈছে৷ অৱশ্যে অসমৰ দৰে অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্যত সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব নোৱৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈয়েই আছে৷ আনকি প্ৰযুক্তিগত সমল যোগাৰ কৰি ল’ব নোৱৰাৰ বাবে আত্মহত্যাৰ দৰে ঘটনাও ঘটিছে৷ গতিকে এই শিক্ষণ ব্যৱস্থা অসমত কিমান ফলপ্ৰসূ হৈছে, এইটো অন্য আলোচনাৰ বিষয়৷
সুচল আৰ্থিক অৱস্থাৰ পৰিয়ালৰ পৰা ছাত্ৰ-ছাত্ৰী আগশাৰীৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহত পঢ়াৰ লগতে তেওঁলোকে পৰিয়ালৰ পৰাও যথেষ্ট সঁহাৰি পায়। কিন্তু বাকী থাকি যায়, এই ১৬ নিযুত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। অসমৰ বাহিৰৰ বিদ্যালয়সমূহৰ কথা বৰ বিশেষ নাজানো, দেখাও নাই, কিন্তু অসমৰ অতি কমেও ৬৪ হেজাৰ ছাত্ৰ-ছাত্ৰী চৰকাৰী বিদ্যালয়ৰ আৰু তেওঁলোকৰ বেছিসংখ্যকৰে ঘৰৰ আৰ্থিক দিশটো সুচল নহয়।
এতিয়া কথা হ’ল, যে অনলাইন পাঠদানৰ বাবে শিক্ষক আৰু শিক্ষাৰ্থীৰ উভয়ৰে লাগিব একোটা Android ফোন। ল’কডাউনৰ সময়ছোৱাত অনলাইন পাঠদানৰ বাবেই ছাত্র-ছাত্ৰীৰ হাতত আহি পৰিলনে একোটা Android ফোন? দোকানসমূহত যথেষ্ট বিক্ৰী হোৱাও শুনিছো। হয়তো বহু পৰিয়ালৰ মূৰত মাধমাৰ একোটা পৰিও কিনিবলগীয়া হ’ল আৰু কিছুসংখ্যকে নোৱাৰিলেও। যিসকলে কিনিলে, তেওঁলোকৰ ঘৰৰ মোবাইলটো ব্যৱহাৰ হ’লনে? অনলাইন পাঠদানৰ বাবে প্ৰযুক্তি কৌশলৰ উপৰিও অন্য এক প্ৰয়োজনীয় সমল হৈছে ইন্টাৰনেট ব্যৱস্থা। ইন্টাৰনেট ব্যৱস্থাৰ বাবে মাহিলি খৰচ এটা লাগিব। কোনোমতে ফোন এটা যোগাৰ কৰি দিয়া পৰিয়ালসমূহে মাহিলি ইন্টাৰনেটৰ খৰচটো বহন কৰিব পৰাকৈ সক্ষম নহয়। লগতে বহু গ্ৰামাঞ্চলতে টেলিকম নেটৱৰ্ক সক্ৰিয় নহয়। তাৰ পাছতো অনলাইন পাঠদান পূৰ্ণগতিত চলি আছেনে নাই তাৰ তথ্য সাপ্তাহিক ভিত্তিত পৰিদৰ্শন বিভাগে বিদ্যালয়ৰ পৰা বিচাৰিছেও।
পূৰ্ণগতিত নচলা নহয়, চলিছে। বহুকেইগৰাকী শিক্ষকে বহু কষ্টও কৰিছে। কিন্তু আটাইসংখ্যক শিক্ষাৰ্থীয়ে অনলাইন পাঠদানৰ সুবিধা লাভ কৰিব পৰা নাই। প্ৰমাণস্বৰূপে চুবুংছাৰ নাৰ্জাৰীৰ আত্মহত্যা। চুবুংছাৰ হতাশ হৈছিল এইকাৰণেই যে তেওঁ অনলাইন পাঠদানৰ সুবিধা লবলৈ অসমৰ্থ আছিল। পৰ্যাপ্ত প্ৰযুক্তিৰ অভাৱ বুলি তেওঁক আচলতে হত্যা কৰা হ’ল। সংবাদ মাধ্যমত ডুলি থাকিল চুবুংছাৰৰ বাতৰি। চেমনীয়া এজনে এনে পথ ল’ব বুলি আমি কেতিয়াও কল্পনা নকৰিলেও, সামাজিক কাৰণ একোটাত জীৱন একোটা নোহোৱা হৈ যায়, হৈ গৈ আছে। অৱশ্যে এদিনৰ বাবে উক দি উঠা শোকৰ বন্যাত দিনদিয়েকৰ পাছত চুবুংছাৰক পাহৰি থকা হ’ল।
অনলাইন পাঠদানৰ লগত অতিকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হৈছে যে শিক্ষক আৰু শিক্ষাৰ্থী এই কৌশল লৈ সাজু হয় নে নহয়। আমাৰ বহুসংখ্যক শিক্ষক শ্ৰেণীকোঠাত থিয় হৈ ক’লাফলক আৰু চকপেঞ্চিলৰ সহায়ত লিখি বুজোৱাতহে সহজ হৈ আছে। তাৰোপৰি অৰ্ধেকসংখ্যক বিদ্যালয় শিক্ষকেই প্ৰযুক্তি কৌশলৰ লগত অভ্যস্ত নহয়। ফলস্বৰূপে তেওঁলোকে অনলাইন পাঠদানৰ যোগেদি শিক্ষাৰ্থীৰ মনোযোগ পূৰ্বৰ দৰে আকৰ্ষণ কৰিব নোৱাৰে। লগতে অন্য এক সমস্যা হৈছে হোৱাটছএপ ফেচবুক ইত্যাদি চছিয়েল মিডিয়াত ধাৰসাৰ গতিত ভাগবটোৱাৰা হৈ থকা কিছুমান বাতৰি, মন্তব্যই পাঠদান কৰি থকা অৱস্থাত শিক্ষাৰ্থীৰ মনোযোগ লাঘৱ কৰিব পাৰে।
আমাৰ দেশত ৬৩০ নিযুত মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰে। কিন্তু গ্ৰামাঞ্চলৰ ২৫.৩% (১০০জনৰ ভিতৰত) জনসংখ্যাই ইন্টাৰনেট ব্যৱহাৰ কৰে, য’ত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ৬৬% হৈছে গ্ৰামাঞ্চলৰ। তাতকৈও ডাঙৰ কথাটো হৈছে ভাৰতবৰ্ষত খুব কম সংখ্যক লোকেহে মোবাইলটো অকল মনোৰঞ্জনৰ বাদে শিক্ষাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি বুলি ভাবে। টিকটক জাতীয় এপবোৰ চৰকাৰে বন্ধ কৰিলেও এতিয়াও তেনেধৰণৰ মনোৰঞ্জনমূলক ভিডিঅ’সমূহক (যিবোৰে মনোৰঞ্জনৰ বাদে বহু বিদ্বেষ আৰু বৈষম্যমূলক ধাৰণাও সমাজত বিয়পাইছে) লৈয়েই ভাৰতবৰ্ষৰ বহু জনতাই মোবাইল একোটা ব্যৱহাৰ কৰি আছে। এয়া তেওঁলোকৰ ভুল নহয়। প্ৰযুক্তি লৈ ভাৰতবৰ্ষৰ জনতা পুঁজিবাদী ৰাষ্ট্ৰৰ জালত কোনোবা কালতেই পৰিছে। এইসমূহ সমস্যা চালি জাৰি নোচোৱাকৈ ডিজিটেল মাধ্যম বিদ্যালয় শিক্ষাৰ বাবে ভাৰতবৰ্ষত সাৰ্বজনীন নোহোৱাৰ লগতে বৰ বিশেষ উপকাৰী নহয় বুলি আমি ভাবো। তাৰ মাজতে গুণগত শিক্ষাৰ নামত আজিকোপতি চৰকাৰে কি পন্থা অৱলম্বন কৰিছে বুলি কৰা প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। কিয়নো শিক্ষাৰ নামত চৰকাৰৰ পৰ্যাপ্ত বাজেট নায়েই। প্ৰযুক্তিগত মাধ্যমৰ লগত অপৰিচিত জনতাৰ ওপৰত হঠাতে প্ৰযুক্তি ব্যৱহাৰৰ কথা আহি পৰিলে কি ধৰণৰ সমস্যা হৈ আছে তাক দেখাৰ পাছতো যদি আমি একেই কথাতেই লাগি থাকো, বিকল্প সমাধান নাভাবো, তেনেহলে অনিশ্চয়তাৰ হতাশাই আৰু বহু জীৱনৰ বাবে বিপদঘন্টা বজাব।
লকডাউনৰ ফলস্বৰূপে বিভিন্ন শিক্ষানুষ্ঠান, শৈক্ষিক বোৰ্ড অথবা বিশ্ববিদ্যালয়সমূহে পৰীক্ষাসমূহ সময়ত অনুষ্ঠিত কৰিব পৰা নাই৷ অসমত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে যদিও উচ্চ শিক্ষাৰ বাবে অনুষ্ঠিত হ’বলগীয়া বাছনি পৰীক্ষাসমূহ অনুষ্ঠিত নোহোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত শংকা আৰু অস্থিৰতা বৃদ্ধি পাইছে৷ বিশ্ববিদ্যালয়সমূহেও স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাসমূহ কেনেদৰে অনুষ্ঠিত কৰিব, ঠিক কৰিব পৰা নাই৷ এনেকুৱা সন্ধিক্ষণত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ অস্থিৰতা সৃষ্টি হোৱাটো একো আচৰিত নহয়৷ মুঠৰ ওপৰত কভিড-১৯ৰ বাবে অসমৰ শৈক্ষিক কাৰ্যকলাপৰ ওপৰত গভীৰ অস্থিৰতাৰ যে সৃষ্টি হৈছে, এইটো খাটাং৷ শৈক্ষিক মূল্যাংকন প্ৰক্ৰিয়াত প্ৰভাৱ: অসমৰ ষাণ্মাসিক শিক্ষা ব্যৱস্থাত আভ্যন্তৰীণ পৰীক্ষাৰ জৰিয়তে ২০ শতাংশ নম্বৰৰ মূল্যাংকন কৰা হয়৷ বাকী ৮০ শতাংশ নম্বৰৰ বাবে বিশ্ববিদ্যালয়সমূহে শেষ ষাণ্মাসিকৰ ৰূপত পৰীক্ষা অনুষ্ঠিত কৰে৷ অসমৰ বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব লগা প্ৰায় সকলোবোৰ পৰীক্ষা পিছুৱাব লগা হোৱাৰ উপৰিও আভ্যন্তৰীণ পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হৈছে৷ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মূল্যাংকনৰ ওপৰত কভিড-১৯ৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে৷ অৱশ্যে এচাইনমেণ্ট ভিত্তিক আভ্যন্ত্যৰীণ মূল্যাংকনৰ চিন্তা-চৰ্চা কৰা হৈছে যদিও শেষ ষাণ্মাসিকৰ পৰীক্ষাসমূহ কেনেদৰে অনুষ্ঠিত কৰিব পাৰি, বিশ্ববিদ্যালয়সমূহে সঠিকভাৱে একো ক’ব পৰা নাই৷ চাকৰিৰ সুযোগ হ্ৰাস: প্ৰায় সকলো চাকৰি সম্বন্ধীয় পৰীক্ষা আৰু সাক্ষাৎকাৰ বাতিল কৰা হৈছে৷ অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত বহু শিক্ষকৰ বাবে আবেদন বিচৰা হৈছিল বা হৈছে; কিন্তু আজিৰ তাৰিখলৈ কোনো ধৰণৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব পৰা নাই৷ আনহাতে বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত কাৰ্যৰত উচ্চশিক্ষিতসকলৰ মাজত অনিশ্চয়তাই গা কৰি উঠিছে৷ তেওঁলোকৰ বহুতৰে চাকৰি ইতিমধ্যে নোহোৱা হৈছে বা আন সকলৰ চিন্তা বাঢ়িছে কেতিয়া তেওঁলোকৰ চাকৰিত অনিশ্চয়তা আহে! নতুনকৈ চাকৰিৰ বাবে যোগ্য হোৱাসকলে নিজৰ সংস্থাপন এটা ঠিক কৰিব নোৱৰাৰ ফলত অসমত নিবনুৱা সমস্যা আৰু অধিক বৃদ্ধি পাব৷ ফলস্বৰূপে মানুহৰ জীয়াই থকাৰ সংগ্ৰাম বাঢ়িব আৰু ভৱিষ্যতে উচ্চ শিক্ষাৰ প্ৰতি অনীহা বৃদ্ধি হ’লে আচৰিত হ’বলগীয়া একোৱেই নাথাকিব৷
আকস্মিকভাৱে উদ্ভৱ হোৱা এনে পৰিস্থিতিত কিছুমান সমস্যাৰ সৃষ্টি হোৱাটো খুবেই স্বাভাৱিক ৷ সেইদৰে কিছুমান সমস্যাৰ তাৎক্ষণিক সমাধানো নিশ্চয়কৈ সম্ভৱ নহয় ৷ সেয়েহে আমাৰ বোধেৰে এনে ধৰণৰ অনাহুত পৰিস্থিতিত প্ৰয়োজন সাপেক্ষে সমস্যাৰে সহাৱস্থান কৰিও,কিছুমান সমস্যা আওকাণ কৰিও নিৰ্ধাৰিত লক্ষ্য প্ৰাপ্তিৰ দিশত দৃঢ়তাৰে অগ্ৰসৰ হোৱাৰ মানসিকতা গঢ়ি তোলাৰ আৱশ্যকতা আছে ৷ অৱশ্যে এই সকলো বাধা -হেঙাৰ-সমস্যা নেওচি অসমৰ উক্ত শিক্ষা ব্যৱস্থাক সঁচা অৰ্থত অৰ্থৱহ কৰি তোলাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহৰ উদ্যোগত শিক্ষক-ছাত্ৰৰ মাজত সমন্বয় স্থাপন কৰি সুপৰিকল্পিতভাৱে আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিব লাগিব ৷ অৱশ্যে এইক্ষেত্ৰত চৰকাৰৰ সক্ৰিয় সহায়-সহযোগিতাও নিশ্চয়কৈ জড়িত হ'ব লাগিব ৷
ঠিকনাঃ
গুৱাহাটী বিশ্ববিদ্যালয়
টিহু,নলবাৰী( ৭৮১৩৭১)
ফোন: ৯১২৭৫৬৪১২৪
0 Comments