পৃষ্ঠাঃ ১

বেটুপাতঃ ১






পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাত আৰু বেটুপাতৰ শেষ পৃষ্ঠাৰ বাবে
ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰিবলৈ
অনুৰোধ জনোৱা হ'ল।
উল্লেখ্য যে আগন্তুক তিনিটা মাহৰ বাবে প্ৰয়োজনীয় বেটুপাত ফটো
চলিত জুলাই মাহতেই পঞ্জীয়ন কৰা হ'ব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
প্ৰসংগঃ কৰ'ণা ভাইৰাছ-- পৃষ্ঠা ৫

২/ প্ৰৱন্ধ: পৃষ্ঠা ৬
ঈশ্বৰবাদী চিন্তাধাৰা আৰু আমাৰ সাংসাৰিক জীৱন
মল্লিকাগিৰি বৰুৱা

৩/ ধাৰাবাহিক উপন্যাসঃঃ পৃষ্ঠা ৭
থাৰ্ড পাৰ্চন
পূজা তালুকদাৰ

৪/ অণুগল্পঃঃ পৃষ্ঠা ৯
ক/ পিতৃত্ব ( হেমা চৌধুৰী গগৈ)
খ/ হেঁপাহ ( পৰিস্মিতা ভূঞা দত্ত)

৫/ এক মিনিটৰ গল্পঃ পৃষ্ঠা ১০
ক/দৰিদ্ৰতা (পিংকী শইকীয়া)
খ/ অব্যক্ত আদৰ (কৃষ্ণা ময়ূৰী হাজৰিকা)

৬/ অনুবাদ কবিতাঃ পৃষ্ঠা ১১
যোৱা আৰু থকাৰ মাজত (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ Between Going and Staying by Octavio Paz

৭/কবিতাঃঃ পৃষ্ঠা ১২
ক/ নিঃসংগতাৰ কস্তুৰী ( মেঘালী গগৈ)
খ/ বাঘজান (প্ৰাঞ্জল কুমাৰ লাহন)
গ/ পিতাই (লিজা তালুকদাৰ)
ঘ/ ল'ৰালিৰ দিনবোৰ (প্ৰভাত হাজৰিকা)
ঙ/ ক্লান্ত প্ৰহৰ (সুদৰ্শনা বৰদলৈ)
চ/ কল্লোল (ঈশা ভট্টাচাৰ্য্য)
ছ/ অৰণ্যৰ ক্ৰন্দন (তৰুণ চন্দ্ৰ নাথ)
জ/মৌন ওঁঠত গুজি থোৱা কথা (মিনতি বৰা)
ঝ/বানপানী (বিজু বৰঠাকুৰ)
ঞ/ নিৰ্জন পৰত (মোহন পাঠৰী)

৮/অনুভৱঃঃ পৃষ্ঠা ২২
আলোকৰ সন্ধানতঃ কিছু ইতিবাচক চিন্তাৰে
ৰীপা দোলাকাষৰীয়া

৯/ নিৱন্ধঃঃ পৃষ্ঠা ২৩
আশা আৰু প্ৰত্যাশাৰ মাহ শাওণ
ধৰ্মেন্দ্ৰ বৰুৱা

১০/ গল্পঃঃ পৃষ্ঠা ২৪
ক/ কুহেলিকা (আদৃতা শিৱম)
খ/মৰমৰ ডোল (শিখামণি গগৈ)

১১/ মাজুলীৰ কিছু তথ্যঃঃ পৃষ্ঠা ৩২
পবিত্ৰ গায়ন

১২/ নীলা খামৰ চিঠিঃঃ পৃষ্ঠা ৩৩
স্বেতা ছেত্ৰী

১৩/ মতামতঃঃ পৃষ্ঠা ৩৪
দেৱাশ্ৰী হাজৰিকা

১৪/ ৰেচিপিঃঃ পৃষ্ঠা ৩৭
এগ ভুৰ্জি
ডিম্পী চৌধুৰী

১৫/ নিয়মীয়া শিতান
ক/ জ্ঞানৰ সঁফুৰা ঃঃ পৃষ্ঠা ৩৫
খ/ শব্দৰ যট্পট্ ঃঃ পৃষ্ঠা ৩৬
গ/ মতামতৰ বিষয় ঃঃ পৃষ্ঠা ৪০

১৬/ ম'ডেল পৃষ্ঠাঃঃ পৃষ্ঠা ৩৮

১৭/ শেষ পৃষ্ঠাৰ লেখাঃঃ পৃষ্ঠা ৩৯
অসমৰ লোকসংস্কৃতি
পৰিণীতা কলিতা

১৮। ঘোষণাঃঃ  পৃষ্ঠা ৪১



পৃষ্ঠাঃ ৪


অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
বিভাগীয় সম্পাদকঃ নিৰ্মালী মহন্ত, গোপাল কৃষ্ণ বাঢ়ৈ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ বৰ্ণালী কলিতা, টিহু, নলবাৰী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
দেৱজ্যোতি নাথ, দিপশিখা হাজৰিকা বৰুৱা, ৰিতু ভঁৰালী, প্ৰস্তুতি শৰ্মা, স্বপ্নমজ্যোতি কলিতা, অৰ্চনা শইকীয়া, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত।



পৃষ্ঠাঃ ৫


সম্পাদকীয়ঃ

প্ৰসঙ্গঃ ক'ৰনা ভাইৰাছ


   বৰ্তমান প্ৰায় সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো কভিড-১৯ ভাইৰাছ বিধে আতংকৰ সৃষ্টি ধৰিছে ৷ সৌ  সিদিনালৈকে অসমত মাত্ৰ ৪ জন কভিড পজিটিভ ৰোগী  ধৰা পৰিছিল আৰু আজি এই সংখ্যাটো গৈ ১৭ হেজাৰ অতিক্ৰম কৰিছে ৷ ৰোগীৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে জনসাধাৰণৰ মাজত আতংকই দেখা দিছে, একেদৰে চৰকাৰখনেও অস্বস্তিত পৰা দেখা গৈছে ৷
   যোৱা মাৰ্চ মাহৰ শেষৰ ফালে যেতিয়া কৰ'না ভাইৰাছে সমগ্ৰ বিশ্বত সৰ্ববৃহৎ ধ্বংসলীলা আৰম্ভ কৰিছিল, একেটা দিনতে যেতিয়া হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰিছিল তেতিয়া এক প্ৰকাৰ অসমতো স্বাসৰুদ্ধ পৰিৱেশৰ সূচনা হৈছিল ৷ এনে লাগিছিল যেন চাৰিওফালে কৰ'না ভাইৰাছ, কেৱল কৰ'না ভাইৰাছ ৷ অত্যন্ত প্ৰয়োজনত এপাক বাহিৰলৈ ওলাই  যাবলগীয়া হ'লেও কোনোবা এজন কাষ চাপি আহিলেই এনে লাগিছিল যেন এতিয়াই তেওঁ কৰ'না ভাইৰাছ কেইটামান গালে-মুখে ছটিয়াই দিব! কাষত কোনোবা এজনে হাঁচি এটা মাৰিলে জীৱ উৰি যোৱা যেন লাগিছিল ৷ নিতৌ পুৱা-গধূলি ঈশ্বৰলৈ প্ৰাৰ্থনা জনোৱাৰ পৰিৱৰ্তে হাতত ম'বাইলটো লৈ ক'ত আজি কিমান মানুহ কৰ'নাত মৰিল তাৰেই হিচাপ লৈ আছিলো, বাৰে বাৰে ভাৰতৰ সংখ্যাটো চাই ভাবিছিলো, "আৰু নাবাঢ়ক ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যাটো কেৱল বাঢ়ি যাওঁক৷" ঈশ্বৰলৈ মনে মনে প্ৰাৰ্থনা জনালোঁ, অন্তত অসমত যাতে এই মহামাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰে৷ পিছে এদিন অসমতো এই ভাইৰাছে প্ৰৱেশ কৰিলে ৷ নিতৌ আক্ৰান্তৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিলে ৷ বৰ্তমান এই ভাইৰাছৰ সংক্ৰমণৰ  কথা সকলোৱে জানে ৷
   আচৰিত কথাটো হ'ল আজিৰে পৰা প্ৰায় ২ মাহ আগতেই এক প্ৰকাৰ অতিষ্ঠ হৈ কৰ'না সম্পৰ্কীয় একো বা-বাতৰি  নপঢ়া-নোচোৱা হ'লো ৷ আনহাতে বাতৰি, উৰা-উৰা বাতৰি প্ৰচাৰেৰে জনসাধাৰণক অবাক কৰি থকা মূৰ্খৰ বাকচটোৰ সন্মুখত বহা অভ্যাস আমাৰ আগৰে পৰাই নাই৷ পুৱাৰ কাকতখনত কৰ'নাক এলাগি কৰি অন্য গুৰুত্বপূৰ্ণ বাতৰি পঢ়াত ব্যস্ত হ'লোঁ।। লাহে লাহে কৰ'নাতংকৰ পৰা এনেদৰে মুক্ত হৈ পৰিলো ৷ হাস্যমধুৰ চিনেমাবোৰ মোৰ বৰ প্ৰিয়, এনে চিনেমা চাই ঘৰৰ আটাইবোৰে পেটৰ নাড়ী ডাল ডাল হোৱাকৈ হাঁহিছো, মনৰ পচন্দৰ কিতাপ পঢ়িছোঁ।
    বুজি উঠিছো, কৰ'না ভাইৰাছৰ আক্ৰমণতকৈ বেছি ভয়াবহ কৰ'না আতংক ৷ যি আতংক বিভিন্ন মাধ্যমে  জ্ঞাতেই হওঁক বা  অজ্ঞাতেই সৃষ্টি কৰিছে ৷ এই আতংকই মানুহক ভিতৰি শক্তিহীন কৰি তোলে ৷ গতিকে, আহকচোন আমি নিতান্ত প্ৰয়োজনীয় বা-বাতৰিখিনি লৈ এই আতংকৰ পৰা মুক্ত হওঁ ৷ এই আতংকৰ পৰিৱৰ্তে আমি সজাগ হওঁ, নিয়মীয়াকৈ মাক্স পৰিধান কৰোঁ, হাতদুখন ভালদৰে ধোৱাৰ লগতে চেনিটাইজ কৰোঁ ৷ অকণমান সাৱধানতাই আমাক বিপদৰ পৰা মুক্ত কৰিব পাৰে ৷
   এটি সৰু কাহিনী মনত পৰিছে, সৰুতেই পঢ়িছিলো ৷ এদিন নিশা এটা ফেক্টৰীত জুুই লাগিল ৷ ইতিমধ্যে জুইৰ লেলিহান শিখাই ফেক্টৰীটোৰ অধিকাংশ পুৰি পেলাইছিল ৷ ফেক্টৰীত থকা কৰ্মচাৰী এজনে মালিকলৈ ফোন কৰি নিশাই খবৰটো জনালে ৷ মালিকজনে ফেক্টৰীটোৰ আটাইবোৰ কথা খৰচি মাৰি সুধিলে আৰু মবাইলটো বন্ধ কৰি লেপৰ তলত সোমাই নাক বজাই শুই থাকিল ৷ পিছদিনা যথা সময়ত তেওঁ ফেক্টৰীটোলৈ গ'ল আৰু কেনেকৈ ফেক্টৰীটোক পুনৰ নিৰ্মাণ কৰিব পৰা যায় তাৰ ব্যৱস্থা হাতত ল'লে ৷
   কথাখিনি বৰ্তমান সময়ত অতি প্ৰযোজ্য ৷ এনে মানসিকতাৰ আমাক প্ৰয়োজন। আতংকই আমাক শক্তিহীন কৰে, এই আতংকৰ পৰা নিজকে মুক্ত কৰি ৰাখোঁ আহক।
হেমেন নাথ
সম্পাদক
অঙ্গন, পষেকীয়া ই-আলোচনী


পৃষ্ঠাঃ ৬


প্ৰৱন্ধঃ

ঈশ্বৰবাদী চিন্তাধাৰা আৰু আমাৰ
সাংসাৰিক জীৱন


মল্লিকাগিৰি বৰুৱা
আচাৰ্যা
চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু নিকেতন, জাঁজী

"মঙ্গলম্ ভগৱান বিষ্ণু মঙ্গলম্ অৰুণ ধ্বজ৷
মঙ্গলম্ পুণ্ডৰীকাক্ষ মঙ্গলায়শ্চ তনুহৰি ৷৷"

        আধ্যাত্মিক তত্ত্বৰ বিশাল পৰিধি সাঁতুৰি মানুহে কেতিয়াবা অনেক সত্যৰ সন্ধান কৰি ফুৰে৷ তথাপি আমি ঈশ্বৰ সম্পৰ্কে নানা প্ৰশ্ন উত্থাপন কৰি আহিছো৷ কিন্তু ঈশ্বৰৰ তুলনাত আমি ধূলিকণাৰো ধূলি৷ গতিকে এই সম্পৰ্কত ধৃষ্টতা কৰাৰ সাহস নাই৷ ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰোঁ মাত্ৰ৷
         প্ৰাত্যহিক প্ৰতিপৰ মানুহে ভগৱানৰ চৰণত নিজৰ জ্ঞাতে বা অজ্ঞাতে আত্মসমৰ্পণ কৰি আহিছে ৷ এই আত্মসমৰ্পণৰ কাৰণ হ’ল ঈশ্বৰবাদ ৷ সৃষ্টিৰ আদিম কালৰে পৰা ঈশ্বৰবাদী চিন্তাই মানুহক সংযমী আৰু সাহসী কৰি তুলি সৃষ্টিৰ সংৰচনাত সহায় কৰি অহাৰ লগতে প্ৰত্যেক মানুহে নিজৰ ধৰ্ম পালনৰ হেতু সাংসাৰিক জীৱনত প্ৰবেশ কৰি বিধিৰ বিধান মানি লৈছে ৷ মানুহৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত পালন কৰা প্ৰতিটো সংস্কাৰ ঈশ্বৰবাদী চিন্তাৰ স্বয়ং প্ৰতিভূ ৷
        মানুহৰ ঘৰখনেই হৈছে মন্দিৰ ৷ সেয়ে জ্যেষ্ঠ লোকে কয়, "ঘৰত ঘৰদেউতি থাকে৷" ঘৰত কিবা এটা হ’লেই কুশল কামনাৰে জ্যেষ্ঠ সকলে  ভগৱানৰ নামত নৈবদ্য আগবঢ়ায়৷ যিকোনো শুভ কামত তিলকেৰে মংগল কামনা কৰা হয়৷ ঈশ্বৰবাদী চিন্তাই এখন ঘৰক নান্দনিকতা প্ৰদান কৰি সাংসাৰিক জীৱন সুন্দৰ কৰে৷ ঈশ্বৰবাদী জনৰ কাৰণে যিকোনো ধৰণৰ বিপদৰ সময়ত আশা কৰি সকাহ ল’বলৈ ঈশ্বৰ থাকে৷ গতিকে ভয় আৰু শংকাই কোনো কাৰণতে বিচলিত কৰিব নোৱাৰে৷ পুৱা শুই উঠি "আপোন হাত জগন্নাথ" বুলি ভাবি হাতৰ তলুৱা দুখন চাই ঈশ্বৰক চিন্তা কৰাৰ পৰা আৰম্ভ কৰি ৰাতি শুবৰ সময়ত তেৰাৰ নাম লোৱালৈকে কেৱল ঈশ্বৰবাদী ভাৱনা৷ কিন্তু প্ৰত্যেক ব্যক্তিৰ মাজত সমাহিত হৈ থকা আত্মা স্বৰূপ ঈশ্বৰৰ স্থিতি উপলব্ধি কৰিব পাৰিলেহে মনুষ্য জীৱন সাৰ্থক হয়৷ এই তত্বটোকে অনুধাৱন কৰি আমি সাংসাৰিক জীৱন আগুৱাই নিওঁ৷
        এগৰাকী ৰান্ধনীয়ে অন্নমুঠি প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি আগফালৰ ফুলনিখনলৈকে কেৱল ঈশ্বৰবাদ বিৰাজমান৷ যিটো সু-গৃহস্থীৰ বাবে অতিব প্ৰয়োজন৷ এখন ঘৰ পাতি বাস কৰিবলৈ যাওঁতে বহুতবোৰ দিশ বিজ্ঞানসন্মত দৃষ্টিৰে চোৱাৰ উপৰিও ঈশ্বৰবাদী হৈ  বিশ্বাস কৰি যোৱা হয়৷
        পূবে ভঁৰাল, পশ্চিমে গঁড়াল, উত্তৰে চৰু, দক্ষিণে গৰু আদি নীতিৰে ঘৰ এখন সজা হয়৷ বাৰীত নৰসিংহ, আমলখি, তুলসী, আকন,শিলিখা আদি থাকিব লাগে৷ ঘৰৰ উত্তৰ-পূৱ কোণত কাঁইটীয়া গছ বা ফুল ৰুব নালাগে আদি যিবোৰ নিয়ম মানি চলা হয়, সেইবোৰৰ বিজ্ঞানসন্মত যুক্তি আছে যদিও মানুহে ঈশ্বৰবাদী দৃষ্টিৰেহে বেছিকৈ মানি চলে৷ তেনেদৰে ইটো কৰিব নাপায়, সিটো কৰিব নাপায় বিলাক কথাও বৈজ্ঞানিক দৃষ্টিৰে পালন কৰাতকৈ ঐশ্বৰিক দিশটোৰ ওপৰতহে মনোযোগ দিয়া হয়৷ কাৰণ এইবিলাক কথাত ঈশ্বৰে দোষ ধৰিব বুলি ভাব এটা আহে৷ অৰ্থাৎ "নাপায়"ৰ পৰা "পায়" লৈকে কেৱল ঈশ্বৰবাদ৷
        প্ৰতিটো ধৰ্মৰ মানুহেই নিজ নিজ পন্থাৰে সদায় ঈশ্বৰক চিন্তা কৰি আহিছে৷ এই ভক্তিৰ কাৰণে ঘৰৰ এঠাইত সু-ব্যৱস্থাও কৰি লয়৷ এই ভক্তিৰ মূলতে ঈশ্বৰবাদী চিন্তা৷ যাৰ ফলত সৃষ্টি হয় নিয়মৰ, বিশ্বাসৰ৷ এটা কথা ঠিক যে, নিয়ম ঈশ্বৰে বান্ধি দিয়া নাই৷ নিয়ম মানুহে বান্ধিছে৷ সেয়ে নিয়মক লৈ অহংকাৰ আৰু গোড়ামি কেতিয়াও কৰিব নালাগে৷ কাৰণ, অহংকাৰীজন সদায়ে অন্ধ আৰু ধৰ্মভ্ৰষ্ট হয়৷ যিটো বিনাশকাৰী৷
        সাংসাৰিক জীৱনত মানুহে নানান যাগ-যজ্ঞাদি বা নাম কীৰ্তনৰ জৰিয়তে (যি যেনেকৈ পাৰে) ঈশ্বৰৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰি আহিছে৷ আলহী-অতিথিক ভগৱানৰ স্বৰূপ বুলি ভাবি ভক্তি দেখুৱায়৷ এইবিলাক গাৰ্হস্থ্য জীৱনৰ এৰাব নোৱাৰা কিছুমান বিষয়৷ এখন ঘৰত দৈনিক ঈশ্বৰ চিন্তাই সাংসাৰিক জীৱন সুন্দৰ কৰাৰ লগতে সন্তানক সু-সংস্কৃত কৰি তোলে৷ পুৱা-গধূলি প্ৰাৰ্থনা কৰা আৰু সৰু অৱস্থাত  নানা ঐশ্বৰিক কাহিনীৰ মাজেৰে ল’ৰা-ছোৱালীৰ মনত ঈশ্বৰবাদ স্থাপন কৰা হয়৷ যাতে তেওলোক উচ্ছৃঙ্খল নহৈ সংযমী হ’ব পাৰে৷ যিহেতু মনটোক লেকাম লগাবলৈ হ’লে মনৰ মাজত ঈশ্বৰৰ প্ৰতি ভক্তি জন্মিব লাগিব৷
       শেষত এটাই ক’বলৈ বিচাৰিছোঁ যে, কৰ্মই হ’ল প্ৰকৃত ধৰ্ম৷ কৰ্মযোগীজনৰ সৈতে ঈশ্বৰ লগে লগে ফুৰে৷ এলেহুৱাজনৰ ওচৰৰ পৰা ভগৱান দূৰলৈহে যায়৷ অৰ্থাৎ জগতৰ কল্যাণ সাধনৰ হেতু সাংসাৰিক জীৱনত পালন কৰা প্ৰতিটো সৎ কৰ্মই মানুহক ঈশ্বৰ প্ৰাপ্তিত সহায় কৰে৷ শাস্ত্ৰৰ সুৰুকীয়া বাটেৰে ঈশ্বৰক পাব নোৱাৰি৷ সহজ জ্ঞান আৰু বিশ্বাসেহে ঈশ্বৰৰ কাষচপাই নিব৷
       "গুৰুক মাৰিবা, ভকতক মাৰিবা
       মাৰিবা সোদৰৰ ভাই, সংগৰ ভকতক
       মৰিয়াই মাৰিবা তেবেসে গুৰুক পায়৷"
অৰ্থাৎ, গুৰু-মন, ভকত-ইন্দ্ৰিয়বিলাক, সোদৰৰ ভাই-ধৰোঁ ধৰোঁ কৰি থকা লোভীয়া হাত দুখন, সংগৰ ভকত- স্থুল শৰীৰটো ৷ এই সকলো বোৰকে বশ কৰি পিছৰ গুৰু অৰ্থাৎ ভগৱানক লাভ কৰিবা ৷
সৰ্ব্বে ভৱন্তু সুখীনঃ


পৃষ্ঠাঃ ৭


ধাৰাবাহিক উপন্যাসঃ

থাৰ্ড পাৰ্চন

(অন্তিম ভাগ)



পূজা তালুকদাৰ
নলবাৰী

 অনুৰাগে দৌৰি গ'ল। কাষত পৰিণীতা আছিল, তথাপি সি মায়াৰ ওচৰলৈ গ'ল।
   "মায়া! ইমান দিন ক'ত মৰিছিলি ? ইমান irregular হ'লে দেখোন ফেইল কৰি মৰিবি। পৰীক্ষালৈ বেছি দিন নাই। আৰু মোবাইলটো কি ক'ৰি থৈছ ? কিমান দিন ফোন কৰিছো আণ্টিৰ এটা খবৰ লওঁ বুলি, এদিনো নালাগে ফোনটো। হোৱাটছএপ একাউণ্ট দিলিট কৰি থৈছ, ফেচবুক দিলিত কৰি থৈছ তোৰ আচলতে হৈছে কি ?" মায়াই এটা জড় পদাৰ্থৰ দৰে কৈ উঠিল,
  "মা ঢুকাই থাকিল অনুৰাগ"
চকুৰে এটুপিও চকুলো নিগৰা নাছিল মায়াৰ। হয়তো তাই নিজক চম্ভালিব শিকি গৈছিল। 
    অনুৰাগে যেন কেতিয়াও শুনিব নিবিচৰা শব্দ কেইটামান মায়াৰ মুখৰ পৰা শুনিলে। সি দুখোজ পিছুৱাই গ'ল।
   "আণ্টি ঢুকাল ? কেতিয়া ? কেনেকৈ ? ক'ত ? মায়া তই এবাৰো মোক জনাব লাগে বুলি নাভাবিলি ? ইমান অপ্ৰয়োজনীয় হৈ গ'লো মই তোৰ জীৱনত ? কিহৰ ইমান শত্ৰুতা তোৰ মোৰ লগত ? এবাৰলৈ মই আণ্টিৰ মুখখন চোৱাৰ যোগ্য নহ'লো মায়া! মায়া তই জান ন কিমান মৰম কৰিছিল মোক আণ্টিয়ে!"
অনুৰাগে কান্দিছিল। মায়ায়ো কান্দি কান্দিয়েই চিঞঁৰি উঠিছিল,
     "অ, মায়ে তোক বহুত মৰম কৰিছিল, মায়ে তোক নিজৰ ল'ৰাৰ দৰে ভাবিছিল, মায়ে বিশ্বাস কৰিছিল মাৰ জীৱনৰ শেষ সময়ত এবাৰ তই এষাৰ মাত দিবি বুলি। আৰু সেইকাৰণেই মই সেইদিনা মেছেজত তোক কৈছিলো, পাৰ যদি মাৰ এবাৰ খবৰ লৈ যাবি। কিন্তু তোৰ সময় নিমিলিল চাগে।"
    "আৰে খবৰ কৰিব যাব নোৱাৰিলো বাবেই কি তই মোক আণ্টি ঢুকুৱা খবৰটোও নিদিলি?"
     "অনুৰাগ ! তই কৈছ, এইটো কথা ? আচৰিত ! যোৱা মাহৰ ১১ তাৰিখৰ মেছেজ চা তোৰ মোবাইলত।"
অনুৰাগে মোবাইলটো উলিয়ালে। ৱালপেপাৰত তাৰ আৰু পৰিণীতাৰ ফটোখন দেখি মায়াই জোৰকৈ চকু মুদি দিলে, বিচাৰি বিচাৰি অনুৰাগে ১১তাৰিখৰ মেছেজ উলিয়ালে,
   "'ক্লাছ শেষ হ'লে এটা ফোন কৰিবিছোন, আৰজেণ্ট'  আৰে এইটো মেছেজ  তই কেতিয়া দিলি ? মই গমেই নাপাওঁ। আৰু কি এটা ফোন কৰিব নোৱাৰ ?"
    "কৰিছিলো ফোন, পৰিণীতাৰ লগত আছিল তোৰ ফোন। তাই ৰিচিভ কৰিছিল। তাইক সকলো কথা কৈছিলো। তোক মাতি পঠিইছিলো। মাৰ মুখাগ্নি তোক কৰিব দিম বুলি ভাবিছিলো। মাৰ মৃতদেহটো আগত লৈ গোটেই গাওঁখনৰ মানুহক ৰখাই থৈছিলো, কৈছিলো, 'অনুৰাগ আহিব! সি মুখাগ্নি কৰিব।' শেষত  আৰু বাদ দিলো  তোৰ আশা, মাৰ মুখাগ্নি মইয়েই কৰিলো অনুৰাগ। "
   কথাবোৰ অনুৰাগৰ সপোন সপোন যেন লাগিল! পৰিণীতা ! তাই এবাৰলৈও তাক নজনালে মায়াৰ মাক ঢুকুৱাৰ কথা। গোটেই পৃথিৱীখনকে মিছা যেন লাগিল অনুৰাগৰ। প্ৰেম মিছা, এয়া কি প্ৰেম ? যিয়ে পৃথিৱীখনেই ভুলকৈ দেখুৱাই। পৰিণীতা মিছা, তাই যেন পৃথিৱীৰ সকলোতকৈ ডাঙৰ মিছা! মায়াৰ মাক মিছা, মাক-দেউতাক নোহোৱা তাৰ বিয়াত কলৰ গুৰিত দৰাক গা ধুওৱাৰ দ্বায়িত্ব লৈ মায়াৰ মাকো গুচি গ'ল। অনুৰাগ উপায়বিহীন। মায়াৰ হাতখনত জোৰকৈ খামুছি ধৰিলে সি। ক'বলৈ যেন একো নাছিল। মায়াৰো যেন কন্দাৰ বাহিৰে আন উপায় নাছিল। তাই তাৰ বুকুৰ কাষ চাপি আহিছিল। মাথোঁ কৈছিল,
 "মা ঢুকাই থাকিল অ' অনুৰাগ !"


পৃষ্ঠাঃ ৮


অনুৰাগে মাথোঁ তাইক জোৰকৈ সাৱটি ধৰিছিল।
পৰিণীতাই দূৰৈৰ পৰাই সকলো লক্ষ্য কৰি আছিল। তাই আৰু সহ্য কৰিব নোৱাৰিলে। দৌৰি আহি অনুৰাগক মায়াৰ কাষৰ পৰা ঠেলা মাৰি দিলে। মায়াৰ কান্ধত ধৰি সমস্ত শক্তিৰে তাইক জোকাৰি দিলে। ক'লে,
  "তোৰ লাজ নালাগে মোৰ অনুৰাগৰ লগত এনেকৈ থাকিব ? "
 পৰিণীতাৰ কথা সম্পূৰ্ণ নহওঁতেই অনুৰাগে চিঞঁৰি উঠিল,
   "অসভ্যালি নকৰিবা পৰী। তুমি ইমান মিছলীয়া বুলিতো মই ভবা নাছিলো । কি কাৰণে তুমি মায়াৰ মেছেজটোৰ কথা মোক নক'লা ? কি কাৰণে তুমি মায়াৰ মাকৰ মৃতুৰ কথাটো মোৰ পৰা লুকুৱালা ?"
" কাৰণ তুমি মায়াৰ পৰা আঁতৰি থকাটো বিচাৰোঁ মই।"
নিৰ্দয়ভাৱে কথাখিনি কৈ অনুৰাগৰ হাতখনত ধৰি টানি লৈ যাবলৈ ওলাইছিল পৰিণীতাই । একেবাৰতে তাইৰ হাতৰ মুঠিৰ পৰা হাতখন উলিয়াই আনি এটা চৰ মাৰিছিল সি। পৰিৱেশটো স্তব্ধ হৈ পৰিছিল। মায়াৰ কান্দোন কলেজৰ বেৰবোৰত খুন্দা খাই আকৌ সিহঁতৰ কাষলৈ উভতি আহিছিল।

   সিহঁতৰ পৰীক্ষা চলি আছে। আজি শেষৰ পৰীক্ষা। মায়া আৰু অনুৰাগ ওলাই আহিল পৰীক্ষা হলৰ পৰা, পৰিণীতাও আহিল। কাৰো মুখত হাঁহি নাই, কথা কোৱা নাই। পৰিণীতাই লাহেকৈ মাত লগালে, 
    "মায়া, জানো মই তহঁতৰ লগত বহুত ভুল কৰিছো। আজি শেষৰ বাৰৰ বাবে তহঁত দুটাৰ অলপ সময় বিচাৰিছো, দিবিনে?"
 মায়াই আকৌ তাইৰ শান্ত হাঁহিটো পিন্ধি ক'লে,
  "ক' কি কথা  আছে।"
"আই এম চ'ৰী মায়া, আই এম চ'ৰী অনুৰাগ। মই হঠাতে বৰ অহংকাৰী হৈ গ'লো, বৰ জেদী হৈ গ'লো। পাৰ যদি তহঁত দুটাই মোক ক্ষমা কৰি দিবি।"
পৰিণীতাই দীঘল কৈ হুমুনিয়াহ এটা এৰি এবাৰ মায়ালৈ চালে, এবাৰ অনুৰাগলৈ, আৰু ক'লে,
"ইউ নো হোৱাট ? মায়া এণ্ড অনুৰাগ (পৰিণীতাই মায়াৰ হাতখন আনি অনুৰাগৰ হাতত তুলি দিলে)
You Two Are Made for Each Other... Stay Blessed"
এটা সন্তুষ্টিৰ হাঁহি মাৰি পৰিণীতা আঁতৰি গ'ল। মুখত নাছিল কোনো খং, অভিমান, জেদ, প্ৰতিশোধৰ চিন। যেন আগৰ সেই সহজ সৰল, লাজকুৰীয়া পৰিণীতাজনী।
আকাশখন মেঘৰ আঁৰত লুকাইছিল। হয়তো বৰষুণ আহিব। আজি বহুদিনৰ মূৰত মায়া আৰু অনুৰাগে একেলগে হাঁহিছে। বৰষুণজাকলৈ আজি দুয়ো লাজ কৰিছে। বৰষুণজাকেও হয়তো সিহঁতক সম্ভাষণ জনাবলৈয়েই আহিছিল। মায়াই তাইৰ প্ৰেম(!) ঘূৰাই পোৱাৰ বাবে আৰু অনুৰাগে তাৰ পুৰণি মায়াজনীক ঘূৰাই পোৱাৰ বাবে। 
আৰু অ' মায়াৰ মাক ঢুকুৱা আজি দুমাহ সম্পূৰ্ণ হ'ল।
।। সমাপ্ত।।

বি:দ্ৰ:  অজানিতে যদি কাৰোবাৰ জীৱনৰ লগত  মিলি গৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থী। সম্পৰ্ক আচলতে  যিয়েই নহওঁক, তাত "Third person" আহিলে আউল লাগিবই। ধৈৰ্য, বিশ্বাস আৰু বুজাবুজি প্ৰধান বস্তু। আৰু তিনিজনৰ এজনেতো ত্যাগ কৰিবই লাগিব।   
(আগলৈ)


পৃষ্ঠাঃ ৯

অনুগল্পঃ

পিতৃত্ব

'তাৰ পিতৃ কোন' কথাষাৰ জনাৰে পৰা তাৰ বুকুত ক্ষোভৰ জুই জ্বলিব ধৰিছে। সি চাকৰি কৰা কোম্পানীৰ পৰিচালকজনে যিমানেই তাক মৰম আৰু গুৰুত্ব দি আহিছে সিমানেই সি অতিষ্ঠ হৈ পৰিছে আৰু দিন হাজিৰা কৰি তাক ডাঙৰ কৰা সেই পিতৃৰ বুকুলৈ মৰম বিচাৰি কুৰুকি কুৰুকি সোমাই গৈছে।

হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্যঃ ৭০০২৯৬১৩৬২


হেঁপাহ

মানুহজনে এইকেইদিন ৰাতি বেছি দেৰিলৈকে ৰিক্সা চলাইছে। মানুহজনীও বাহিৰৰ পৰা ভিতৰেই নোসোমায় মানুহজন নহালৈকে। 

”মানুহজনৰ কি হৈছে জানো? ছোৱালীজনীক বিয়া দিলোৱেই, ইমাননো কিহৰ প্ৰয়োজন। দুটা মানুহহে আছো খাবলৈ হ’লেই হ’ল “-
মানুহজনীয়ে মনতে ভাবি থাকিল। 

মানুহজন আহিয়েই সাঁচতীয়া টকাকেইটাও লৈ কোবাকুবিকৈ কিবা এটা কামত ওলাই যাঁও বুলি গৈ সোণাৰী শালৰ পৰা চেইনডাল আনিলেগৈ।
চেইন ডাল মানুহজনীৰ হাতত দি ক’লে- “ কাইলৈ আমাৰ একমাত্ৰ নাতিনীজনীৰ প্ৰথম জন্মদিন আৰু আমি সোণৰ বস্তু দিব নোৱাৰিলেও এই ৰূপৰ চেইনডাল জানো পিন্ধাব নালাগিব?” 
 আইতাকৰো চেইনডাললৈ চাই মনটো ফৰকাল হৈ পৰিল।
পৰিস্মিতা ভূঞা দত্ত


পৃষ্ঠাঃ ১০

এক মিনিটৰ গল্পঃ

দৰিদ্ৰতা

ৰমলা নাহিলে বৰুৱানীৰ আজি কালি দিনতে আন্ধাৰ যেন লাগে। এনেও কেইদিন মানৰ পৰা বৰুৱানীৰ গা-মন একেবাৰে ভাল নহয়।সেই বাবে ঘৰৰ সকলো কাম ৰমলাই কৰি দিছে।বৰুৱানীয়ে কালিয়ে তাইক অলপ সোনকালে আহিবলৈ কৈছিল কিন্তু এতিয়ালৈকে তাইৰ খবৰ নাই, দহ বাজিব হ'ল।কেইবা বাৰো ফ'ন কৰিলে নাই তাইৰ ফোনৰ ছুইচ অফ। তাই নাহিলে যে তেওঁ এতিয়া একো এটা কামো কৰিব নোৱাৰে। ৰমলালৈ অপেক্ষা কৰি তেওঁ বাতৰি কাকত খনতে চকু ফুৰালে। তেনেতে ৰমলা দৌৰি  আহি বৰুৱানীক একো ক'বলৈ সুযোগ নিদি ক'বলৈ ধৰিলে বাইদেউ খং নকৰিব দেই মই ঘৰৰ পৰা ঠিক সময়তে ওলাই আহিছিলো ,কিন্তু বাটতে ল'ৰা ছোৱালী হালৰ কন্দা কতা খন চাই থাকোতেই পলম হ'ল।বৰ বেয়া লাগিল বাইদেউ সিহঁতৰ অৱস্থাটো দেখি। বাপেকটো বেমাৰত ঢুকোৱা কেইবা বছৰো হ'ল। দৰিদ্ৰতাৰ বোজা সহিব নোৱাৰি এদিন মানসিক ভাৰসাম্য হেৰুৱাই পেলালে মাক জনীয়ে। তথাপি ল'ৰা ছোৱালী হাল তাই লগতে আছিল কিন্তু আজি এমাহ মানৰ আগত ঘৰৰ ভিতৰতে তাই আত্মহত্যা কৰিলে।এতিয়া ল'ৰা ছোৱালী হালৰ দায়িত্ব ল'বলৈ কোনো নাই।পাগলী মাকৰ ল'ৰা ছোৱালী কেইটা কোনো আত্মীয়ই নিজৰ লগত নাৰাখে ভৱিষ্যতে সিহঁতো পাগল হয় বুলি ভাবি। অৱশেষত ওচৰ চুবুৰীয়াৰ সহায়ত যেনিবা আজি সিহঁতক এখন অনাথ আশ্ৰমলৈ পঠিওৱা হ'ল। যোৱাৰ সময়ত দুইটা ল'ৰা ছোৱালীয়ে ইমান যে চিঞৰি চিঞৰি কান্দিছে ঔ বাইদেউ ক'বলৈ ভাষা নাই। একে উশাহতে ৰমলাই বৰুৱানীৰ আগত কথা কেইটা কৈ কামত ধৰিল গৈ।
   ৰমলাৰ ওপৰত উঠি থকা খঙটো নিমিখতে মাৰ গ'ল বৰুৱানীৰ।সেমেকি উঠিল তেওঁৰ চকুযুৰি , সেই অচিনাকী ল'ৰা ছোৱালী হালৰ কথা শুনি ।তেওঁ মনলৈ ভাঁহি আহিল সিহঁতৰ কৰুণ মুখ কেইখন। 
তেওঁ মাথো ভাবিলে দৰিদ্ৰতাৰ  বাবে আৰু কিমান মানুহে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰিব?কিমান শিশু অনাথ হ'ব। কিয় বাৰু এতিয়াও চৰকাৰৰ অজস্ৰ আঁচনিয়ে ঢুকি নাপাই সকলো দৰিদ্ৰ লোকক? শেষ হ'বনে এদিন আমাৰ সমাজত এই দৰিদ্ৰতা নামৰ ভয়ানক সমস্যাটো????
পিংকী শইকীয়া
জাঁজী ,জামুগুৰি


অব্যক্ত আদৰ

অতুলৰ দৰে এটা কঠুৱা মনৰ মানুহৰ সৈতে বিয়া হোৱাৰ পাছত  নয়নাই গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা মানুহৰ দৰেই ঘৰখনৰ কামবোৰ নিয়াৰিকৈ কৰি আছিল ৷
অসুখীয়া শহুৰ শাহু, দুটা দেওৰৰ আপডালৰ লগতে নিজৰ খটাসুৰ ল’ৰা-ছোৱালী
হাল আৰু স্বামী অতুলৰো সৰু সৰু কথাতে ঠেহ পেচ পতা কাণ্ডই সততে তাইক কষ্ট দিলেও খুব নিয়াৰিকৈ সকলোৰে অভিমান ভাঙি নিমাতি নয়নাই জীৱনটো আগবঢ়াই নিছিল ৷
বেমাৰ একো নাই তাইৰ,
নে বেমাৰ বুলি তাই এইখন ঘৰৰ মানুহক কৈ নাপালে! নিজৰে খেলিমেলি লাগে তাইৰ ৷ কিন্তু সিদিনা ঘটিল অথন্তৰটো ৷ তলপেটৰ সোঁফালে অলপ অলপ বিষ অনুভৱ কৰি থকা নয়নাই পুৱা চোতাল সাৰি থাকোতে প্ৰচণ্ড বিষত থাকিব নোৱাৰি হঠাৎ বাগৰি পৰিল। নয়নাক পৰি যোৱা দেখি ওচৰতে দাঁত ব্ৰাচ কৰি থকা অতুলে দাঙি আনি বিচনাত শুৱাই দিলেগৈ ৷ অকস্মাতে ঘৰখনত হুৱাদুৱা লাগিল ৷ সকলো কাষ চাপি আহিল ৷ দেওৰেক মদনে ল’ৰালৰিকৈ গেৰেজৰ পৰা সিহঁতৰ পুৰণি মাৰুতি 800 খন উলিয়াই অতুল সহ হস্পিতাললৈ লৈ গ’ল ৷ তেতিয়ালৈ বিষে তাইক অচেতন কৰি পেলোৱাৰ উপক্ৰম হৈছে ৷
ততাতৈয়াকৈ  হস্পিতালৰ বেডত তাইক শুৱাই দিয়া হ’ল, অতুল আৰু মদনৰ সহায়ত ৷
কাৰো মুখত মাত নাই।দেওৰেক আৰু অতুলে অস্থিৰ ভাৱে ওচৰতে ৰৈ থাকিল ৷
ডাক্তৰৰ উপস্থিতিত অতুল
উচুপি উঠিল ৷
"ছাৰ মোৰ মানুহজনী বচাৱক ছাৰ। মোৰ মানুহজনী বচাওক । টকা পইচাৰ কথা চিন্তা নকৰিব ৷ মাথোঁ নয়নাৰ একো হ’ব নালাগে।"
নয়নাৰ কৰ্ণকুহৰত অতুলৰ কথাষাৰ ৰৈ ৰৈ বাজি থাকিল ঠিক এটি মিঠা গীতৰ দৰে।
ঠিক হিয়া উতলাই তোলা এটি পক্ষীৰ কাকলিৰ দৰে‌।
তাই অনুভৱ কৰিলে বিষটো ক্ৰমাৎ যেন কমি আহিছে ৷
বৰ কষ্ট কৰি চকুযোৰ  লাহেকৈ মেলি তাই দেখিলে
অতুলে তাইলৈকে চাই আছে ৷ অতুলৰ দুচকুৰে এসাগৰ মৰম পাৰাপাৰ ভাঙি বাগৰি আহি তাইৰ শুস্ক হিয়াখন যেন তিয়াই পেলালে ৷
"আপুনি অকণমান ওলাই দিয়ক " নাৰ্চৰ কথাষাৰ আওকাণ কৰি তাইৰ হাত এখন খামুচি ধৰি থকা অতুলৰ হাতখন নয়নাইও খামুচি ধৰিলে।

কৃষ্ণা ময়ূৰী হাজৰিকা
যোৰহাট


পৃষ্ঠাঃ ১১


অনুবাদ কবিতাঃ

মূল কবিতাটি

Between Going and Staying
By Octavio Paz

Between going and staying
the day wavers,
in love with its own transparency.
The circular afternoon is niw a bay
where the world in stillness rocks.

All is visible and all elusive,
all is near and can't be touched.

Paper,book,pencil,glass,
rest in the shade of their names.

Times throbbing in my temples repeats
the same unchanging syllable of blood.

The light turns the indifferent wall
into a ghostly theater of reflections.

The moment scatters,Motionless,
I stay and go: I am a pause.

অনুবাদিত কবিতাটি

যোৱা আৰু থকাৰ মাজত


যোৱা আৰু থকাৰ মাজত
দোদুল্যমান দিন,
নিজ স্বচ্ছতাৰ প্ৰেমত ৷
বৃত্তাকাৰ অপৰাহ্ন এতিয়া এক উপসাগৰ,
য'ত নিস্তব্ধ পৃথিৱী দোলে ৷

সকলো দৃশ্যমান আৰু সকলো ছঁয়া-ময়া,
সকলো কাষৰতে আৰু অস্পৰ্শনীয় ৷

কাগজ, কিতাপ, পেন্সিল, কাঁচ,
স্থিত নিজ নিজ নামৰ প্ৰচ্ছায়াত ৷

মোৰ কপালৰ কুমত উঠা সময়ৰ কম্পন
একে অপৰিৱৰ্তিত ৰক্তকণিকা প্ৰৱাহৰ পুনৰাবৃত্তি ৷

পোহৰবোৰে অনুৰাগহীন দেৱালখনক কৰি তোলে
প্ৰতিবিম্বৰ এক ভৌতিক ৰংগমঞ্চ ৷

মই মোক বিচাৰি পালোঁ এটা চকুৰ মণিত
যাৰ ভাৱলেশহীন দৃষ্টিৰে নিজকে চাই আছোঁ ৷

ক্ষণটো ছিটিকি পৰিল ৷ স্থবিৰ,
মই থাকোঁ আৰু যাএঁ: মই এটি বিন্দু,বিৰতিৰ ৷

(অক্তাভিঅ পাজ(Octavio Paz Lozano, ১৯১৪-১৯৯৮) কুৰি শতিকাৰ এগৰাকী মেক্সিকান কবি ৷ উনৈশ বছৰ বয়সতে তেওঁৰ প্ৰথম কাব্য সংকলন (স্পেনিছ ভাষাৰ  Luna Sylvester)প্ৰকাশ পাইছিল ৷ ১৯৬২ চনত তেওঁক ভাৰতলৈ মেক্সিকোৰ ৰাষ্ট্ৰদূতৰ নিযুক্তি দিয়া হয় ৷ জাপান,চুইজাৰলেণ্ড আৰু ফ্ৰান্সতো তেওঁ ৰাষ্ট্ৰদূত আছিল ৷১৯৯০ চনত তেওঁ  সাহিত্যৰ নোবেল লাভ কৰিছিল)৷


অনুবাদ
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলীপাৰা,গুৱাহাটী-১৯
মোবাইল নং:৭০০২৪০৯৬৫৫



পৃষ্ঠাঃ ১২

কবিতাঃ


নিঃসঙ্গতাৰ কস্তুৰী
……………………………………………….

খিৰিকী খুলি চাই ৰওঁ জোনাক
চুব নোৱাৰো।

উশাহত উজাই লওঁ ফুলৰ সুবাস
সানিব নোৱাৰো শৰীৰত।

মনৰ পখীয়ে ভ্ৰমি আহে ত্ৰিভূৱন
দুৱাৰদলি পাৰ কৰিব নোৱাৰো দুভৰি।

অলেখ নক্সাৰে সুশোভিত মোৰ কুকি
পিচে ঋতুস্নাতা ফুলবোৰ গুচি গৈছে
আলোকিত কৰিবলৈ অন্য এক উদ্যান।

ভিৰবোৰ ঠেলি ঠেলি আঁতৰাই জিৰাইছোঁ
এই আবেলিৰ নিৰ্জনতাত
হঠাতে অনুভৱৰ ইথাৰত ভাঁহিল এক সত্য
মোৰ ছাঁ দেখোন মোৰ সমানেই নিঃসঙ্গ !
নিঃসঙ্গতাৰ কস্তুৰীক দুয়ো যেন
সমানেই ধাৰণ কৰিছোঁ সংগোপনে !

মেঘালী গগৈ
যোৰহাট।
ফোন নং:৯৯৫৭৬৮৪৬২৩


পৃষ্ঠাঃ ১৩

বাঘজান
--------------------------------------------------

বাঘজানৰ বুকু পুৰিছে
বাঘজানৰ ঘৰবোৰ পুৰিছে
বাঘজানৰ গছবোৰ পুৰিছে
বাঘজানৰ মানুহবোৰক জুয়ে খেদিছে
বাঘজানৰ চৰাইবোৰ ক'ৰবালৈ পলাইছে

বাঘজানৰ আকাশত জুই জুই জুই
ক'লা ধোৱা আৰু জুইত হেৰাই গৈছে বাঘজান

কেৱল পনীয়া সোণৰ বাবেই আজি
বাঘজানৰ খঙ আৰু ক্ষোভত ৰঙ ৰঙা হৈ উঠিছে
বাঘজানৰ সেউজীয়াবোৰ ক'লা হৈ পৰিছে

পনীয়া সোণৰ তুলনাত
মানুহৰ মূল্য হৈছে আজি কেৱল ঘোলা পানী ৷

পনীয়া সোণৰ কোম্পানীয়ে চিনি পায়
কেৱল পনীয়া সোণৰ বেহানি কথা
চিনি নাপায় মাটি মানুহৰ জীৱনৰ কৰুণ ব্যথা ৷

কোনে কি হেৰুৱাই ক'ত হেৰাই গৈছে কোনে ক'ব ৷
হয়তো সময়লৈ এৰি দিব লাগিব ৷সময়ে লেখ-জোখ কৰিব ৷

পনীয়া সোণৰ কোম্পানীয়ে সকলোকে পুনৰ আশ্বাস দিব
কোম্পানীৰ সুৰতে ৰজাইও সুৰ মিলাই কথা ক'ব,গান গাব ৷

ৰজা কিম্বা  পনীয়া সোণৰ কোম্পানীৰ কথাৰ বৰষুণতো পিচে
বাঘজানৰ বুকুৰ জুইকুৰা বুকুতে জ্বলিয়েই থাকিব ৷

কাইলৈ আকৌ ক'ৰবাত এনেকৈ জুই জ্বলিব
জুইকুৰা সেউজীয়াৰ পৰা আহি ৰাজপথত দপদপকৈ জ্বলি উঠিব ৷
আমাৰ বুকু আকৌ কঁপি উঠিব ৷ পুৰি পেলাব সপোনবোৰ ৷

ৰাজনীতি,অৰ্থনীতি সকলো শেষৰ ৰাতিৰ খেল হ'ব
খেনোৰ বাবে খেলখন জমি উঠিব ৷খেনোৰ বাবে কেৱল হুমুনিয়াহ হ'ব ৷
কথাবোৰ এদিন আকৌ সাধু হ'ব ৷ আমাৰো কাপোৰ-কানি ক'লা  পৰিব

প্ৰাঞ্জল কুমাৰ লাহন
যোৰহাট


পৃষ্ঠাঃ ১৪
পিতাই
-----------------------------------------------------------

ৰৌদ্ৰস্নাতা উদং পথাৰখনৰ নিখুঁত খনিকৰজন মোৰ পিতাই,
গ্ৰীষ্মৰ প্ৰখৰ ৰ'দতো তেওঁ আশাবোৰ বুকুত বান্ধি
সিঁচি দিয়ে হেঁপাহৰ এমুঠি সেউজীয়া,
প্ৰান্তত দূৰ দিগন্তলৈ সম্প্ৰসাৰিত
সোণগুটিৰে আমাক সুখত ৰখাৰ গভীৰ স্বপ্ন।

যন্ত্ৰণাৰ ঋতুগৰ্ভতো হাঁহি বিৰিঙাবলৈ একান্ত চেষ্টা,
আশ্ৰয় ল'বলৈ নাই বিলাসী অট্টালিকা
একেটিয়েই মাথোঁ ভগা-ছিগা পঁজা!
ভোগ বিলাসীতাৰে জীৱন উদযাপন কৰিব নোৱাৰিলেও
আমি যেন সূৰুজ-স্বপ্নমুখী এটি সৰু পৰিয়াল।

চিত্ৰকৰৰ দৰে অনুভৱৰ তুলিকাৰে
এবাৰ পিতাইক আঁকিবলৈ চালোঁ,
শাওণত পিতাইৰ শীৰ্ণ দেহৰ ছাঁ
কপালত বিন্দু বিন্দু ঘামৰ কণিকা,
মাৰ যাব ধৰা হাঁহিটিতো
নিভাজ হৃদয়ৰ এমুঠি সৰলতা।
মাথোঁ আমাক সুখী কৰাৰ স্বাৰ্থত
তেওঁৰ এই সংগ্ৰাম নিৰ্বিকাৰ নিয়তিৰ সৈতে।
বিস্তীৰ্ণ পতিত ধৰাৰ বুকুত
সেউজীয়া সিঁচি সিঁচিয়ে বয়সে দিলে তিনি কুৰি ভাটি!
এঙেৰুৱা চোলাটো ফাট মেলিব‌ও বহুদিনেই হ'ল,
এজাক বৰষুণ নামিলেই
তেওঁৰ ওৱলা ভৰিৰে বয় তেজৰ ৰঙা নদী।
কুঁৱলীয়ে আৱৰা শীতৰ ৰাতিও
সেই একেটিয়েই মাথোঁ ফটা-ছিগা চুৱেটাৰ
হেমন্তৰ শীৰ্ণ জোনাকত
পিতাইৰ দুখ দেখি ঢৌ খেলি যায় মোৰ বুকু।

পিতাইৰ গৌৰৱ
তেওঁৰ সন্তান যে নিজৰ ভৰিত নিজে থিয় হ’ব পৰাকৈ মানুহ হৈছে;
কিন্তু মই বৰ্তমানেও মৌন তেওঁৰ ওঁঠযুগলত অন্তহীন সুখ বিৰিঙাব নোৱাৰাৰ দুঃখত ।

মোৰো মন যায় পিতাইৰ শেঁতা ওঁঠত
সেউজবুলীয়া সুখৰ জীয়া হাঁহি এটি আঁকিব;
প্ৰান্তত আশা মাথোঁ এদিন জোনাক নামিব
হেঁপাহৰ সেউজীয়াবোৰ সোণবৰণীয়া হ'ব,
পিতাইৰ মুখমণ্ডত হাঁহি বিৰিঙিব।

লিজা তালুকদাৰ
কামৰূপ গ্ৰাম্য
যোগাযোগ নং- ৯১২৭২৫৫৯২৩


পৃষ্ঠাঃ ১৫

ল'ৰালিৰ দিনবোৰ
------------------------------------------------------------

মনত পৰে
এৰি অহা হেঁপাহৰ গাঁওখনলৈ
ল'ৰালিৰ দিনবোৰলৈ।
সেই যে কোমল পুৱাতে 
লৰ মাৰো চোতালৰ 
শেৱালি জোপাৰ তললৈ 
বৰদেউতাৰ পদূলিত 
বকুলৰ সৰা ফুল বুটলিবলৈ ।
মনত পৰে ল'ৰালিৰ দিনবোৰলৈ
চেপাত লগা কাৱৈটিলা,পুঠী,
খলিহনা,ডঁৰিকনা মাছবোৰ 
কঁচুপাতত টোপোলা কৰি 
দিছিলোঁ আইৰ হাতত
লৰি গৈ ।
আজিও পাহৰিব পৰা নাই
খৰিচাৰে ৰন্ধা আইৰ হাতৰ
সেই মোৱা মাছৰ জোলকণ, 
কলপাতত নুৰিয়াই
ধানখেৰত পোৰা 
কঁচুথোৰ,কণবিলাহীৰ
ভাতৰ পাতত দিয়া 
ফুৰ-ফুৰিয়া গোন্ধৰ  পিটিকাকণ ।
ল'ৰালিৰ প্ৰতিটো দিনেই 
উভতি আহে মনলে',
খেলিছিলো কতনা খেল 
কতযে ধূলিৰ ধেমালি।
আজিও যেন ৰিঙিয়াই মাতে
মাছৰ উজান উঠা 
খাল-ডোং বোৰে
শাওণৰ পথাৰখনে
আয়ে যেন চিঞৰি মাতে
অ'ই সন্ধিয়া লাগিবৰ হ'ল
ঘৰলৈ আহিলিনে ।
                        
প্ৰভাত হাজৰিকা
সম্পাদক, কাব্যমালা
যোৰহাট


পৃষ্ঠাঃ ১৬

ক্লান্ত প্ৰহৰ
------------------------------------------------------------------

নুফুলা ৰাতিবোৰৰ নিশ্চুঃপতাত
গোপনে সৰি ৰোৱা টোপ টোপ জলকণাই
নুপুৰ বজাই প্ৰভাতি বেলিটোক ওচৰ চপাই
বেলিয়ে জানে কেনেকৈ মৰহে পাত...
বেলিয়ে চিনে নিস্তেজ বুকুৰ চৌপাশ!!

আকাশীলতা হৈ বগুৱাই যায় জীৱন
কন্টকময় পথত কুহুমবুলীয়া হোৱাৰ হেঁপাহ এটিয়ে ন কৈ পোখা মেলে..৷
জেতুকাপতীয়া মন এটিয়ে জুমি চায়
নীলাভ গগণ..
নীলাৰ সিপাৰে স্বৰ্গ আছে
নীলাৰ সিপাৰে ঈশ্বৰ আছে
কোনে কয়?
কোনে কয়??
বিভ্ৰান্তিত ভোগা পকা অঙঠাহেন বুকুখনে
থৰকাচুতি হেৰুৱাই প্ৰশান্তিৰ সন্ধানত
এদিন সময়ে কয়
হুলবোৰে খুচিলেও বিতত নহ'বি অ' আজলী ছোৱালী
ৰাঙলী কলিজাইহে চিনে
জীৱন জীনাৰ মন্ত্ৰ
জীৱন জীয়াৰ সাধনা..৷৷

সুদৰ্শনা বৰদলৈ



পৃষ্ঠাঃ ১৭

কল্লোল
------------------------------------------------------

আকাশখন আজি নীলা
আজি পথৰ কাষৰ গছবোৰো সেউজীয়া
বন্যজন্তুৰ মুক্ত বিচৰণ
নাই ভয় নাই সংশয়,
নিস্তব্ধ যান্ত্ৰিক তৰংগ
আৰু জনতাৰ কলৰোল
যেন অৰণ্য আদিম
য'ত ধূলিকণাও স্তব্ধ!
বিশুদ্ধ বতাহজাক দৌৰি ফুৰিছে
মনৰ আনন্দত হৰিণী নাচিছে
খৰখৰি বিলৰ শামুকভঙা জাকৰ পৰা
হেলচৰ গুটি খাই থকা হাইঠাজাকলৈকে সকলো পক্ষীকুল
আনন্দত আত্মহাৰা হৈছে

এইয়া যেন ক'ৰণাৰ আশীৰ্বাদ প্ৰকৃতিলৈ
য'ত মানৱ জাতি আজি
 নিঃশ্চিহ্নৰ পথত
দম্ভ-অহংকাৰ, ধনী-দুখীয়া সকলোৰে দৰ্পচূৰ্ণ
বিশ্ব ৰাষ্ট্ৰৰ সৰ্বোচ্চ শিখৰো আজি কম্পমান
কিন্তু কিয়?
কি প্ৰয়োজন এনে মাৰাত্মক জৈৱাস্ত্ৰৰ ?
যাৰ প্ৰয়োগত সমগ্ৰ মানৱ জাতি আজি ত্ৰস্তমান
উদ্দেশ্য এইয়াই নহয় জানো
"মই বৰ হ'ম
সকলোকে প্ৰতিহত কৰি জগত জিনিম
বিশ্ব দৰবাৰত হীৰাৰ মুকুত হৈ জিলিকি থাকিম"
কিন্তু
ধ্বংস যজ্ঞ কৰাৰ পাছত
উভতিহে চাবা
নৰকংকাল আৰু শৃগাল কুকুৰকহে পাবা
তোমাৰ শিৰৰ হীৰাৰ মুকুত চাবলৈ
কোনোৱেই নাথাকিব শেষত |

ঈশা ভট্টাচাৰ্য্য
স্নাতক ষষ্ঠ
ষান্মাসিক
শিৱসাগৰ কলেজ,জয়সাগৰ


পৃষ্ঠাঃ ১৮

অৰণ্যৰ ক্ৰন্দন
----------------------------------------------------------------------

অৰণ্য ঈশ্বৰৰ অনুপম সৃষ্টি
সেই অপাৰ কৰুণাৰ চিৰসুন্দৰ দৃষ্টি,
ধৰিত্ৰীৰ বুকুখনি উৰ্বৰা কৰিবলৈ নমাই আনে অমৃত বৃষ্টি,
জীৱকুল থাকিবলৈ তৃষ্টি।
সৃষ্টিৰ পথাৰত সাৰ্থক কৰি তুলিবলৈ ৰহনীয়া কৃষ্টি।

অৰণ্যত আছে বহু জীৱন
বৃদ্ধি আৰু বিকাশৰ সপোন
অনুভূতি প্ৰৱন হৃদয়ৰ স্পন্দন
অৰণ্যৰ বাবেই ধৰিত্ৰী আই  সুশোভিত
বায়ুমণ্ডল হয় পৰিশোধিত
অৰণ্য যদি হয় অৰক্ষিত
 পৃথিৱীৰ অসুখ অনিবাৰ্য
আৰু তেতিয়া........

হে' মোৰ হেপাহৰ সেউজ অৰণ্য, আনক বিলাই দিয়াই তোমাৰ ধৰ্ম
তোমাৰ জীৱন ধন্য
তুমি অনন্য.......

অথচ অৰণ্যত চলিছে আজি অবাধ লুণ্ঠন,মুক্ত খনন
সীমাহীন,ক্ষমাহীন!
(সঁচা কথা কবলৈ গ'লে) এই কাণ্ড অবিবেচক আৰু অসচেতন।
সেইয়ে ইয়াত প্ৰয়োজন আন এক
সুচিন্তিত আৰু বলিষ্ঠ
কৰ্মকেন্দ্ৰিক জন জাগৰণ
আঃ
নোৱাৰি আৰু সহিব
অৰণ্যৰ ক্ৰন্দন।

তৰুন চন্দ্ৰ নাথ
প্ৰধান শিক্ষক
নামদাং ,নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়। শিৱসাগৰ।



পৃষ্ঠাঃ ১৯

মৌন ওঁঠত গুজি থোৱা কথা
.......................................................................................

মৌন ওঁঠত গুজি থোৱা আছে অনেক কথা
ছন্দ হেৰুৱাই লৱৰি ফুৰিছে এটা আধা লিখা কবিতা
শব্দ হেৰুৱাৰ যন্ত্ৰণাত
আজি সুৰ বোৰেও হেৰুৱাইছে তান
নুতুলে ঝংকাৰ নাজাগে প্ৰাণ দুচকুত ওলমে মাথোঁ ভদীয়া বান

উশাহ আৰু নিশাহৰ মাজত
কিমান ব্যৱধান ?
কিমান ৰচিবা আৰু আশাহত গান
মাদলৰ চেওৱটো যে নাজাগিল প্ৰাণ
আন্ধাৰ বোৰ থিয় দিয়ে মাথোঁ
দৈত্যৰ দৰে
তথাপি পোহৰতকৈ আন্ধাৰেই ভাল
দুখবোৰ ঢাকি ৰাখে
আচ্ছাদন দি ক'লা কাপোৰৰ দৰে
যাক কোনেও নেদেখে
অনুভৱ মাথোঁ সৰ্বকালে সাৰে থাকে ।

মিনতি বৰা
আমগুৰি।


পৃষ্ঠাঃ ২০

বানপানী
------------------------------------------------------

বৰষাই দুভৰিত নুপূৰ পিন্ধিলেই
নদীবোৰ গাভৰু হয়
এবুকু হেপাহেৰে
আলিংগন কৰে গৰাক
ঢৌবোৰে আনন্দতে নাচে
হুৰ হুৰ শব্দৰে গীত গাই
তপকৰে আহি গৰাটোক
চুমা এটা যাচে ।
আলসুৱা গৰাই পাহৰি যায়
তাৰ ভৱিষ্যত
নিমিষতে হেৰুৱাই পেলায় অস্তিত্ব
থান বান হয় সপোন
চৌদিশে হাহাকাৰ, আৰ্তনাদ
মৃত্যু, কাতৰ চিঞৰ ,
বৰষাই দুভৰিত নুপূৰ
পিন্ধিলেই নদীবোৰ গাভৰু হয়
টোপনী সৰে নৈপৰীয়াৰ।

বিজু বৰ ঠাকুৰ
জাঁজী জামুগুৰি
শিৱসাগৰ


পৃষ্ঠাঃ ২১

নিৰ্জন পৰত
------------------------------------------------------

বহু কথাই আহি আমনি কৰে মনটোক
নিৰ্জনতাত অকলশৰে বহিলে ,
নীল আকাশৰ তৰা লেখি লেখি
মনৰ ভাৱনাবোৰ গভীৰ হয়
পলকতে উৰা মাৰে মোৰ মনে
সঙ্গ বিচাৰি তোমাৰ কাষলে ।

হেৰুওৱা শব্দৰ সমাহাৰে
বৰকৈ দোলা দিয়ে মনত ,
নিৰ্জনতাৰ বুকু ভেদি যোৱা
চৰাই-চিৰিকতিৰ কোলাহলে
প্ৰাচীৰ গঢ়ে বাধাৰ
শব্দবোৰত আউল লাগে
হঠাৎ হেৰাই যায় ক'ৰবাত
মোৰ অনামী কবিতাৰ ছন্দ ।

সীমাহীন দুখৰ আস্ফালনে
বুকু বিদাৰি যায়
মোৰ স্মৃতিৰ জোলোঙা খুঁচৰি
নিৰ্জনতাৰ গহ্বৰত বিচাৰি ফুৰে
মোৰ ভাৱনা বিভোৰ মনটোৱে
ধুমুহাত বিধ্বস্ত হোৱা
এজাক সপোনৰ সাৰ্থকতা ।।

মোহন পাঠৰী
দেৰগাঁও, গোলাঘাট


পৃষ্ঠাঃ ২২


অনুভৱঃ

আলোকৰ সন্ধানত
কিছু ইতিবাচক চিন্তাৰে...

(এই লিখনী বিশেষভাৱে সক্ষম ব্যক্তি সকলৰ নামত উৎসৰ্গিত)



         আপুনি বাৰু কেতিয়াবা আন্ধাৰত খোজ কাঢ়ি পাইছেনে? আপোনাৰ হাতৰ টৰ্চ লাইটটোৰ পোহৰ খিনি অনুজ্জ্বল হ'লে খলাবমা ৰাস্তাত খোজ কাঢ়িবলৈ আপোনাৰ নিশ্চয় কষ্ট হয়। দুৰ্ভাগ্যবশতঃ কেতিয়াবা আপোনাৰ হাত-ভৰি ভাঙিলে অথবা দীৰ্ঘদিন শাৰীৰিক অসুস্থতাৰ বলি হ'লে যেতিয়া আপুনি শৰ্য্যাশায়ী হয়,তেতিয়া বাৰু আপোনাৰ মনত কেনেধৰণৰ চিন্তাই দোলা দিয়ে? মই ভাল হৈ উঠিম নে, মোৰ হাত-ভৰি পুনৰ আগৰ দৰে হৈ উঠিবনে... ইত্যাদি  ইত্যাদি নহয় জানো? কিন্তু আপুনি জানেনে; দৈনন্দিন জীৱনৰ যাত্ৰা পথত আপোনাৰ আশে-পাশে এনে কিছুমান মানুহক আপুনি সদায় লগ পায়, যি সকলৰ কিছুমানে চকুৰে দেখা নাপায়, কাণেৰে নুশুনে, কথা ক'ব নোৱাৰে আৰু বিভিন্ন কাৰণত  হাত-ভৰিৰ অক্ষমতাৰ বাবে খোজ কাঢ়িব নোৱাৰে, কাম কৰিব নোৱাৰে- এই সকল লোকক আমি সাধাৰণতে দিব্যাংগ, মুক-বধিৰ বা শাৰীৰিক ভাৱে অক্ষম কিন্তু মানসিক ভাৱে সক্ষম ব্যক্তি বুলি অভিহিত কৰোঁ।আপোনাৰ বাৰু জানিবলৈ মন নাযায়নে এই সকল লোকেনো কিদৰে তেওলোকৰ নিত্য-কৰ্ম সম্পাদন কৰে? এওঁ‌লোকৰ মাজতো আছে আপোনাৰ দৰে জীয়াই থকাৰ বাসনা, নজনাক জনাৰ আগ্ৰহ, নুবুজাক বুজাৰ হাবিয়াস আৰু নিজৰ কৰ্মদক্ষতাৰে  পৰিচয় দাঙি ধৰিব পৰাকৈ এটা সুস্থ -সৱল মানসিকতা। কৰ্ম-ব্যস্ত জীৱনত আপুনি যদি কেতিয়াবা  বিশেষ ভাৱে সক্ষম এই ব্যক্তি সকলৰ কাষত অকনমান সঙ্গ প্ৰদান কৰে তেনেহ'লে দেখিব, তেওঁলোক কেনে এক বিশাল প্ৰতিভাৰ অধিকাৰী। কোনো মিছা, দম্ভ, অহংকাৰে স্পৰ্শ কৰিব নোৱৰা এওঁ‌লোকৰ হৃদয়বোৰ হয় কষ্টসহিষ্ণু আৰু ধৈৰ্যশীল, লাগে মাথোঁ আপোনাৰ সহায় আৰু সহযোগীতা। যিদৰে এজোপা বৃক্ষ  ফলে -ফুলে জাতিষ্কাৰ হ'বলৈ  পুলি অৱস্থাৰ পৰাই আপোনাৰ যত্নৰ দৰকাৰ হয়, ঠিক সেইদৰে এইসকল ব্যক্তিৰ মানসিক ও প্ৰতিভা বিকাশৰ ক্ষেত্ৰত  আপোনাৰ সহযোগীতা নিতান্তই  প্ৰয়োজনীয়। যি সময়ত এছাম অসাধু  ব্যক্তিয়ে মানৱতাক ভূ-লুণ্ঠিত কৰি আমাৰ সমাজ  ব্যৱস্থাক অধঃপতনৰ  দিশলৈ ঠেলি দিছে, সেই সময়ত আন এছাম ব্যক্তি অহৰ্নিশে ব্যস্ত হৈ আছে এই বিশেষভাৱে  সক্ষম লোক সকলক লৈ সমাজখনত উন্নতিৰ দিশত আগুৱাই নিবলৈ। টেলিভিচনৰ পৰ্দাত আপুনি দেখা 'মন যায়'; 'আকাশ চুবৰ মন'; 'উৰুখা পঁ‌জাৰ সুৰ' 'সুখৰ সংজ্ঞা বিচাৰি' আদি অনুষ্ঠানবোৰ তাৰ এক উজ্জ্বল নিদৰ্শন। গীত-নৃত্য-বাদ্য আদি সুকুমাৰ কলাৰ লগতে চিত্ৰ-ভাস্কৰ্য-শিল্প তথা অভিনয়ৰ দক্ষতাৰে এই সকল ব্যক্তিয়ে আমাৰ  সমাজত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। কম্পিউটাৰ আৰু মোবাইলৰ পৰা অলপ আজৰি হৈ আপুনি যদি এইসকল লোকক অলপ সঙ্গ, অলপ সহানুভূতি আৰু সৎ দিহা-পৰামৰ্শৰে অনুপ্ৰাণিত কৰে তেনেহ'লে তেওঁলোকে নিশ্চয় আৰু বহু কাৰ্য্য সফলভাৱে ৰূপায়ন কৰিব পাৰিব।
       ময়ো সেইসকল ব্যক্তিৰ মাজৰে এগৰাকী। যি জীৱনৰ ২৫ টা বসন্ত গৰকি ভৱিষ্যতৰ সপোন সজোৱা পৰতে পৃথিৱীৰ ৰং-ৰূপবোৰ  হেৰুৱাই পেলাইছিলো। প্ৰাপ্তিৰ হেঁ‌পাহবোৰ যেন আন্ধাৰত থমকি ৰৈছিল। হয়, আপুনি ঠিকেই অনুমান কৰিছে, মই এগৰাকী দৃষ্টিহীনা। নিজৰ দৃঢ় মনোবল আৰু বহুতো সংগ্ৰামৰ  মাজেৰে অন্ধকাৰ জীৱনৰ যাত্ৰা পথত খোজ পেলাইছিলো জীৱনৰ মোহত। মোৰ  লগত আছিল পৰিয়ালৰ শ্নেহাশীষ, বিজ্ঞসকলৰ  পৰামৰ্শ তথা শুভাকাংক্ষীৰ হিয়া ভৰা শুভকামনা। জীৱনৰ সুখ-দুখ, হাঁ‌হি-কান্দোন, ভাল লগা- বেয়ালগাবোৰ  ভাগ- বতৰা কৰিবলৈ আপোনাৰো নিশ্চয় এজন সংগীৰ  প্ৰয়োজন হয়। সেই সংগী  হয়তু হ'ব পাৰে আপোনাৰ  স্বামী /পত্নী, বন্ধু/ বান্ধৱী অথবা পৰিয়ালৰ কোনো  এক সদস্য। কিন্তু আমাৰ দৰে বিশেষ ভাৱে সক্ষম লোক সকলৰ লগত আত্মবিশ্বাস আৰু এক সংগ্ৰামী সত্বা চিৰ লগৰীয়া। তাৰ মাজতো সদা ব্যস্ত এগৰাকী শুভাকাংক্ষীয়ে প্ৰতি পলে অনুপলে  মোক এই জীৱনৰ যাত্ৰা পথত হাঁ‌হিমুখে সহযোগীতা  আগবঢ়াই আহিছে। সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে মোৰ হাতত হাত থৈ এই শুভাকাঙ্ক্ষী গৰাকীয়ে শিকাই দিছে মানৱতীয়তাৰ অৰ্থ আৰু আন্ধাৰৰ মাজতো পোহৰ অন্বেষণৰ এক সুকীয়া পথ। ভগ্নীসুলভ মমতা আৰু বান্ধৱীৰ অকৃত্ৰিম প্ৰেৰণাৰে  সৎ পৰামৰ্শ প্ৰদান কৰি মোৰ প্ৰয়োজনৰ সময়ত সদায়ে সহযোগীতা আগবঢ়োৱা  এই গৰাকী শুভাকাঙ্ক্ষীৰ নাম মনীষা ভূঞা। যাৰ মৰমৰ তাগিদাৰে  অনুপ্ৰাণিত হৈ হৃদয়ৰ মাজত উকমুকাই থকা ভাৱবোৰ শব্দ আকাৰে  প্ৰকাশ কৰিছিলো আৰু মোৰ সেই ভাৱ-ৰাজিক উকা কাগজৰ পৃষ্ঠাত  এই গৰাকী শুভাকঙ্ক্ষীয়ে লিপিবদ্ধ কৰি প্ৰকাশৰ বাট দেখুৱাই আহিছে। 
       সংগ্ৰাম জীৱনৰ অন্য এক নাম আৰু প্ৰত্যাহ্বান তাৰেই প্ৰতিবিম্ব স্বৰূপ। এই প্ৰত্যাহ্বান বোৰ নেওচি আমি বোৰ আগুৱাই যাব লাগিব আপোনাৰ পৰামৰ্শ আৰু সহযোগীতাৰে। আপুনিও সেই গৰাকী শুভাকাঙ্ক্ষীৰ দৰে হ'বলৈ যত্ন কৰকচোন, বিচাৰি পাব আপুনিও জীৱনৰ এক সুকীয়া মাদকতা। আপোনাৰ স্নেহাঞ্জলী, উষ্মপৰশেৰে আমাকো উজ্জীৱীত কৰি তোলক। অপ্ৰাপ্তিৰ পিছত দৌৰি নুফুৰো, কিন্তু প্ৰাপ্তিৰ আশাও হেৰাই যাবলৈ নিদিও। আপুনি জানো আমাক সহায় নকৰিব?  আমিনো আপোনাৰ পৰা বিচাৰোঁ কি?? সুধাকণ্ঠ ভূপেন মামাৰ ভাষাৰে 
           "আকাশী গংগা বিচৰা নাই
                  নাই বিচৰা স্বৰ্ণ অলংকাৰ 
           নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত 
                  বিচাৰোঁ মৰমৰ মাত এষাৰ।।"
ঠাট্টা, মস্কৰা, ইতিকিং সূচক মন্তব্য আৰু দাবি- ধমকি পৰিহাৰ কৰি এষাৰ মৰমৰ মাতেৰে ভৱিষ্যতৰ পথত আগুৱাই যাবলৈ আমাক উৎসাহিত কৰক আপুনিও। ভালদৰে ভাৱি চাওকচোন ,আমি জানো আপোনাৰে সন্তান, ভাতৃ/ ভগ্নী অথবা পৰিয়ালৰ এজন নহওঁ‌? আপুনি আমাৰ বাবে হৈ পৰক সেই বিশেষ টৰ্চ লাইটটোৰ দৰে পথ প্ৰদৰ্শক, যাৰ পোহৰেৰে উদ্ভাসিত হৈ আমিও আপোনাক দি যাব পাৰো  জীৱনৰ জ্ঞান আৰু সংগ্ৰামী আন্ধাৰৰ  মাজতো কৰিব পাৰো "আলোকৰ সন্ধান"।

ৰীপা  দোলাকষৰীয়া, মাজুলী
ভ্ৰাম্যঃ ৭৫৭৮৮০২৮৩৭


পৃষ্ঠাঃ ২৩


নিৱন্ধঃ


আশা আৰু প্ৰত্যাশাৰ মাহ শাওণ


অসমীয়া বছৰৰ চতুৰ্থ মাহ শাওণ। শাওণ বুলি কলে মনলৈ আহে বৰ্ষাৰ ৰিম‌্ঝিম‌্ ৰিম‌্ঝিম‌্ বৰষুণ জাকৰ কথা।বৰষুণ আৰু শাওণৰ সম্পৰ্ক অভিন্ন। বৰ্ষাৰ পূৰ্ণ পয়োভৰ শাওণত আছে অন্য এক মাদকতা। সেয়েহে শাওণ সকলোৰে কাম্য,শাওণৰ ৰাগিয়ে  সকলোকে আকৰ্ষিত কৰে। নদ-নদী,জান-জুৰি পানীৰে উপচি পৰে।
  এই শাওণ অসমীয়া কৃষকৰ বাবে প্ৰাণৰ মাহ। শাওণৰ বৰষুণ জাকে কৃষকক দি যায় আশাৰ আগলি বতৰা।কৃষকসকলে নাঙলৰ সীৰলুৰে ধৰিত্ৰীক গৰ্ভৱতী কৰাৰ সপোন দেখে এই শাওণৰ পথাৰতে। তাৰ লগে লগে অনাগত আঘোণৰ সপোনে দুচকুত মেৰঘৰ বান্ধে।আঘোণৰ এমুঠি সোণগুটি পোৱাৰ আশাৰে শাওণৰ পথাৰত সীমাহীন কষ্ট কৰিবলৈ কুণ্ঠাবোধ নকৰে অসমীয়া কৃষকে। সেয়েহে সূৰ্যই ধলফাট দিয়াৰ পিছৰে পৰা সূৰ্য অস্তলৈকে শাওণৰ পথাৰ গিজগিজাই থাকে।সূৰ্যৰ প্ৰখৰ ৰ'দকো নেওচি ৰোৱনীয়ে ভূই ৰুই থকা চিত্ৰখন অতি মনোমোহা। ঠিক সেইদৰে হালোৱাই বেলি নুঠাৰে পৰা হাল বায়, মৈ দি কঠীয়া পোতাৰ উপযোগী কৰি তোলে। একেদৰে আলি দিয়া,কঠীয়া তোলা,কঠীয়া কঢ়িওৱা আদি কামবোৰে শাওণৰ পথাৰত অন্য মাত্ৰা প্ৰদান কৰে।
     ভূই ৰুই থকা জীয়ৰী -বোৱাৰীহঁ‌তৰ হাঁ‌হি-খিকিন্দালি,নানা গল্প, মুখৰোচক,গুজৰ আদিয়ে শাওণৰ পথাৰ মতলীয়া কৰি তোলে। বিভিন্ন কথাত মচগুল হৈ ,লিহিৰি -লিহিৰি হাতেৰে অকণ অকণ কঠীয়া ৰুই থকা জীয়ৰীহঁ‌তৰ মনত প্ৰেমৰ ভাব জন্ম দিয়ে এই শাওণৰ পথাৰতে। ঠিক একেদৰে কঠীয়া কঢ়িয়াই থকা ডেকাবোৰেয়ো আপোনমনে ভূই ৰুই থকা গাভৰুজাকৰ মাজত প্ৰেয়সীৰ সন্ধান কৰে,নতুবা নিজৰ আপোনজনৰ লগত কথা পতাৰ আশাৰে তামোল খোৱাৰ চলেৰে গাভৰুজাকৰ ওচৰ চাপে।
     শাওণ হ'ল নষ্টালজিয়াৰ মৃদু সমাহাৰ। শাওণে সকলোকে দি যায় সুখ-দুখৰ অনেক সোণসৰীয়া স্মৃতি।শাওণে সকলোকে লৈ যায় নিজৰ শৈশৱ-কৈশোৰৰ দিনবোৰলৈ।শাওণৰ বৰষুণত তিতা,পানীত ভূৰ চলোৱা,বৰষুণৰ ডোঙা বন্ধা পানীত কাগজৰ নাও উটুৱাই দিয়া আদি কাৰ্যই প্ৰতিজনে বিচাৰি পায় শৈশৱ-কৈশোৰৰ মাদকতা। বোকাত খেলা, বৰশী বোৱা,পথাৰলৈ চাহ জলপান লৈ যোৱা আদিয়ে সকলোৰে মনত স্মৃতিৰ ৰেঙণি বোৱাই তোলে।
    এই শাওণৰ বৰষুণজাকে আকৌ কৃষকৰ সকলো আশা-আকাংক্ষাক উটুৱাই নিয়ে নিষ্ঠুৰতাৰে। সেউজী সম্ভৱনাই উজ্জ্বল কৰি তোলা বৰষুণজাকে আকৌ কেতিয়াবা চলাই বিধ্বংসী তাণ্ডৱ। চঞ্চল বৰষুণজাকৰ অতিমাত্ৰা ৰাগিত নদীয়ে কালৰূপ ধাৰণ কৰি চৌপাশ পানীৰে উপচায় পেলায়। বাৰিষাৰ বলিয়া বানে নিমিষতে সকলো উটুৱাই কৰি তোলে সৰ্বহাৰা। মানুহৰ সকলো আশা-আকাংক্ষাৰ সেউজ সম্ভৱনাক বালিচৰত পুতি পেলায়। মাজে মাজে সেই বালিচৰৰ পৰা ভাহি আহে সৰ্বহাৰাৰ বিষাদৰ উচুপনি। এই পৰিস্থিতিৰ বাবে কিন্তু কেৱল মাত্ৰ বৰষুণে দায়ী নহয়। এই ক্ষেত্ৰত জীৱশ্ৰেষ্ঠ মানুহ বহু পৰিমাণে দায়ী।আজি ভোগবাদী সমাজ ব্যৱস্থাত লোভ-লালসাৰ বাবে সকলোৱে নিজৰ ভঁ‌ৰাল চহকী   কৰাত ব্যস্ত হৈ পৰিছে।চৌপাশৰ জান-জুৰি মাৰি,নদীক ভেটি নিজৰ সুবিধা কৰি লৈছে। তদুপৰি ৰাজনৈতিক পাকচক্ৰ তথা নিজৰ দোষ আনলৈ দিয়া মানসিকতা,আনলৈ আঙুলি টোৱাই নিজে সাৰি দুৰ্নীতিৰ পাহাৰ গঢ়া আদি অনেক কাৰণৰ বাবে আজি আমাৰ চৌপাশ বানপানীৰ টিঘিল-ঘিলনি।
     সি যি হওক শাওণ মানেই যে আশাৰ ন-ৰেঙনী, কৃষকৰ সপোন ৰোৱা মাহ তাক আমি স্বীকাৰ কৰিবই লাগিব।

ধৰ্মেন্দ্ৰ বৰুৱা
ফোন-৯৩৬৫৪২৯৯৯৫


পৃষ্ঠাঃ ২৪

গল্পঃ

কুহেলিকা


আদৃতা শিৱম
সোনতলিছিগা, শিৱসাগৰ


লাইব্ৰেৰীৰ একোণত বহি কিতাপ পঢ়ি আছিল তাই ।
ডিপাৰ্টমেণ্টৰ আটাইতকৈ ধুনীয়া ল’ৰাজন  পাৰ হৈ গৈছিল কাষেৰে ৷ তাইৰ চকু আছিল কিতাপখনত ৷ কেৱল আখৰবোৰ দেখিছিল তাই ৷ সি উভতি আহিছিল ৷ তালৈ এবাৰো ঘূৰি নোচোৱা ছোৱালীজনীৰ নাম কি ! 
: হাই !
মূৰ তুলি চাইছিল তাই ৷
: হাই ৷ 
: কি নাম তোমাৰ ?
: অত্ৰেয়ী ৷ 
চমুকৈ নামটো কৈ আকৌ মন দিয়ে কিতাপত ৷
সি মনতে ভাবে : অ’ কলিকালৰ ঋষি মানে এইগৰাকী ! 
কিন্তু ছোৱালীজনী ধুনীয়া ৷  বন্ধু আয়ুসক কয় ;
: এইক পতাই আছো চাই থাক ৷

অভ্ৰনীল আহি বহেহি তাইৰ কাষত ৷
: বস্তু এটা দেখুৱাম চাবা !
: কিনো ?
: কবিতা ৷
: কাৰ কবিতা ? 
: মোৰ ৷
: ৱাউ ! তুমি কবিতা লিখা ? 
: লিখিবলৈ লৈছো ৷
: চাওঁ দিয়া ৷
: এতিয়াই নাচাবা ৷
: ঠিক আছে ৷
জেপৰ পৰা ভাজ কৰা কাগজডোখৰ দিয়ে সি তাইক ৷ কিয় জানো তাইৰো মন যোৱা নাই কবিতাটো এতিয়াই চাবলে ৷



পৃষ্ঠাঃ ২৫

তাৰ কবিতাটো তাই অকলে পঢ়িব ৷ ন’টবহীখনৰ মাজত কাগজডোখৰ সোমুৱাই মিঠাকৈ হাঁহে তাই ৷ এই ল’ৰাজন আনতকৈ ব্যতিক্ৰম ৷ চকুহালে যেন কিবা এটা ক’ব খোজে তাইক ৷ তাইৰো ভাল লাগে তাক ৷ নোচোৱাৰ চলেৰে তালৈ বহুবাৰ চাই ৰয় ৷ অচিন ভাবনাত বহু ৰাতিলৈকে সাৰে ৰয় ৷ 

চকুহালত কি নুবুজা কবিতা থাকে তাৰ ! আখৰবোৰে ক’বনে ? তাই মেলি লৈছিল হ’ষ্টেলৰ কোঠাত সোমাই কবিতাটো : 
“তোমাৰ হাঁহিৰ তৰংগত 
মোৰ ভাৱনাৰ সূতা চিঙে 
ফাগুনৰ পচোৱা হৈ মন উৰে 
দিহিঙে-দিপাঙে
তোমাৰ হৃদয় বীণাত 
মোক এটি ৰাগ হৈ 
বাজিবলৈ দিয়া নীলা”

অপৰিপক্ক হাতৰ কবিতা ৷
কিন্তু কোন এই নীলা ? 
কাৰ নাম ?
তাইক সি দিয়া নাম নহয়তো !
কিন্তু তাইৰ নাম নীলা কিয় হ’ব !! 
হয়তো অলপ বেছিকৈয়ে ভাবি পেলালে তাই ৷

কেণ্টিনত তাই সতে চাহ খাবলৈ আহে অভ্ৰনীল ৷ সিহঁতৰ হাঁহি দেখি ধুনীয়া ল’ৰাটো আঁতৰি যায় ৷ তাইক পতাব নোৱৰাৰ ক্ষোভতকৈ পৰাজয়ৰ লজ্জাই আঁতৰাই পঠিয়াই তাক ৷ 
:  ইয়াৰ অভ্ৰনীলৰ কি আছে ? তাই যে তাৰ লগত ফুৰে ! 
: কবি সি ৷ মিঠা মিঠা শব্দৰে ভুলাই থৈছে ৷
: হুঁহ‌্ কবি ৷ চাই ল’ম ইয়াক ৷ 
সিহঁতৰ কাণত নপৰে কথাবোৰ ৷ 
দুয়ো দুয়োলৈ আঁৰ চকুৰে চায় ৷


পৃষ্ঠাঃ ২৬

: কবিতাটো ভাল হৈছে ৷
: থেংকচ ৷ সঁচাকৈয়ে নে ?
: সঁচাকৈয়ে ৷
কিন্তু নীলা কোন ? 
: অ’ নীলা ! তেওঁ মোৰ হৃদয়ৰ ৰাণী ৷
: অহ্‌ ৷ 
: মোৰ নামটোৰ আধা তেওঁক দিছো জানা ! 
: বাঃ ইমান প্ৰেম !
: বহুত বেছি ৷
তাৰ চকুৰে জোনাক সৰে ৷ তাই তলমূৰ কৰে ৷ নাই ; নাপালে তাই তাৰ অন্তৰত ঠাই ৷ কোনোবা নীলাৰ বাবে ৰখা মৰমৰ ভাগ নাই নিবিচাৰে ৷ 
: মই যাওঁ ৷
: যোৱাইনে ? 
: উম ৷ মোৰ পঢ়িবলে আছে ৷
: মোৰো আছে ৷ শুনাচোন ৷
: কোৱা ৷
: নীলাক লগ পাবলৈ মন নাযায় ? 
: তোমাৰ ভালপোৱা ! মই লগ পাই কি কৰিম ?
: তথাপি নাযায়নে মন ? 
: ওঁহো নাযায় ৷
কি অভিমানত কৈছিল তাই তাক সেই তেতিয়াই ৷ তাৰপাচত সি কোনোদিন নীলাক লগ পোৱাই দিয়াৰ কথা নক’লে ৷ একেলগে ঘূৰি ফুৰাৰ পাচতো নক’লে সি ৷ নুসুধিলে তাই ৷
সি কয় কেতিয়াবা
“নীলাক লৈ ফুৰোঁ বুকুত”
তাই সুধিব খুজিও ৰৈ যায় ৷ 
মানুহৰ বুকুৰ সংবাদ নিজে নোকোৱালৈকে সোধা যায়নে ! 
তাই ভাবি নাপায় ৷ ভাবোতে ভাবোতে দিনবোৰ শেষ হয় ৷ শেষ হয় দুটাকৈ বছৰ ৷ প্ৰশ্নবোৰৰ সমাধান নহয় কোনোদিন ৷ নীলাক লৈ লিখা কবিতাৰে তাৰ এখন বহী ভৰে ৷ তাই সেই কবিতাবোৰৰ প্ৰথম আৰু শেষ পাঠক হৈ ৰয় ৷


পৃষ্ঠাঃ ২৭

অস্থিৰতা বাঢ়ে তাইৰ ৷ ভালপোৱাৰ আৱেগে কঁপোৱা কথাবোৰ সহজ নহয় কৈ দিয়া ৷ কিন্তু ক’ব যে লাগিবই ৷ দুদিন পাচত সিহঁতৰ ফেয়াৰৱেল ৷ গুচি যাব সিহঁত নিজা নিজা বাটত ৷ তাৰপাচত ? আকৌ লগ হ’বনে কেতিয়াবা ৷ তাই আৰু সি ! ম’বাইল এটা ল’বলৈ জোৰ কৰে তাই তাক ৷ প্ৰিয়জনক যে দূৰ হ’বলৈ দিয়া নাযায় ৷ মনত ক্ষীণ আশা এটাইও কেতিয়াবা ভুমুকিয়াই ৷ কিজানি কৈ দিয়ে নীলা মোৰ কোনো নহয় ৷ তুমিহে মোৰ অন্তৰৰ লগৰী ৷
তাইৰ পিচে পিচে দৌৰি আহিছিল সি ৷ 
: ইমান সোণকালে গুচি আহিলা ? আজি লাষ্ট ক্লাছ ৷ ৰ’ব পাৰা অলপ দেৰি ৷
: মোৰ এফালে যাব লগা আছে ৷ 
: অ’ আজি মোৰো লগ পোৱাৰ কথা আছিল নীলাক ৷
: যোৱা তেনে ৷ 
: যাম ৷ কবিতা এটা লিখিছিলো তাকে দিবলৈ দৌৰি আহিলো ৷
তাইৰ হাতত গুজি দিছিল সি কাগজ খিলা ৷ দুখে-অভিমানে জৰ্জৰ হৈ তাই হ’ষ্টেললৈ পোনাইছিল ৷ 
আজিৰ পৰা নপঢ়ো কবিতা ৷ ডায়েৰীৰ মাজত সি দিয়া শেষৰ কবিতাৰ টুকুৰাটো নপঢ়াকৈ ভৰাই থৈছিল ৷ কিমান পঢ়িব সেই অচিনাকি নাৰীৰ বাবে লিখা কবিতাৰ শাৰী ! নপঢ়ে তাই ৷ আৰু কেতিয়াও নপঢ়ে ৷ দুখে হেঁচা মাৰি ধৰা কলিজা নিচুকাই পিচদিনা ফেয়াৰৱেলত পিন্ধিবলৈ কোমল সেউজীয়া কাপোৰ এসাজ উলিয়াইছিল তাই ৷

সি আঁতৰি ফুৰিবলৈ লৈছিল তাইৰ পৰা ৷ পৰীক্ষা দি ঘৰলৈ গুচি আহিছিল তাই ৷ চহৰৰ নামী ব্যৱসায়ীৰ পুত্ৰৰ সৈতে বিয়া ঠিক কৰিছিল দেউতাকে ৷ তাই তাক পাহৰিব পৰা নাছিল ৷ কিন্তু  নাম নোহোৱা সম্পৰ্ক এটাৰ কথা কি বুলিয়েই বা ক’ব তাই ! মাকে সুধিছিল ; “তুমি যদি কাৰোবাক মন দি থৈছা কোৱা মাইনা ৷ আমি তোমাক জোৰ নকৰো ৷” 
বিশ্ববিদ্যালয় এৰাৰ পিছৰেপৰা তাৰ কোনো যোগাযোগেই নাই তাৰ সৈতে ৷ ম’বাইল ফ’ন এটাও লৈছিল সি ৷ ফেয়াৰৱেলৰ দিনা দেখিছিল তাৰ হাতত ৷ তাই নম্বৰটো বিচাৰোঁতে ক’লে ; "নীলাই নিবিচাৰিলে মোৰ নম্বৰ তোমাৰ ওচৰতে থাকক ৷" উচাৎ মাৰি গুচি আহিছিল তাই ৷ নীলা ! কেৱল নীলা ! থাকক সি নীলাক লৈয়ে ৷ তায়ো কোনোদিন চেষ্টা নকৰিলে তাক লগ ধৰাৰ ৷ আনকি পাচৰ বছৰ ডিপাৰ্টমেণ্ট মিটতো তাই নগ’ল ৷

অচিনাকি কাৰোবাৰ নামত জোৰোণ পিন্ধিছিল তাই ৷ আঁকি লৈছিল কপালত বেলি ৷ তাই গুচি যাব খুজিছিল তাৰ পৰা দূৰলৈ ৷ সামৰি লৈছিল প্ৰথম ভালপোৱাৰ আৱেগ ৷ আমেৰিকাত থকা দৰা পোৱাৰ ভাগ্যক পৰিয়ালৰ মানুহবোৰে বখানিছিল ৷ পুৰণি ডায়েৰীখন দ্ৰয়াৰৰ পৰা উলিয়াইছিল তাই ৷ সেইখনত থকা আৱেগবোৰো তাই থৈ যাব ইয়াতেই ৷ জ্বলাই দিবলৈ লৈ মাজতে দুডোখৰ কৰি ফালিব খুজিছিল তাই ৷ সৰি পৰিছিল চাৰিভাজ কৰি থোৱা কাগজখিলা ৷  এইটো ফেয়াৰৱেলৰ আগদিনা সি দিয়া কবিতাটো ৷ নপঢ়াকৈ ভৰাই থৈছিল তাই ৷ তাৰপাচত কোনোদিন মেলা নাছিল ডায়েৰিখন ৷ চকুৰ সন্মুখত তুলি ধৰিছিল তাই তাৰ হাতৰ আখৰ : 
"নীলা ;
ভালপাওঁ তোমাক
তোমাকেই ভালপাওঁ
বিচাৰা যদি মোৰ দৰেই তুমিও 
কাইলৈ নীলা সাজেৰে আহিবা
ইমানদিনে নুবুজিলা নীলা
আইনাত চাবাচোন তাতেই মোৰ নীলাজনীক পাবা।"

আয়নাৰ সন্মুখত কন্যাৰ সাজত ৰৈ আছিল অত্ৰেয়ী শ্ৰাৱন্যা। গাত নীলা পাটৰ সাজ ৷ 
তাৰ প্ৰিয় বাবেই তাই বিয়াৰ দিনা পিন্ধিবলৈ কিনিছিল এইযোৰ সাজ ৷ হাতৰ মুঠিত এটুকুৰা কবিতা আৰু বুকুত দাগ কাটি যোৱা ভালপোৱাৰ নীলাৰে আয়ত্ৰী আজি নীলিমা।


পৃষ্ঠাঃ ২৮
গল্পঃ

মৰমৰ ডোল

শিখামণি গগৈ
দুলীয়াজান
ভ্ৰাম্য ঃ 9678488300

:--আইজনী উঠিলা নে! অহ উঠিলা!কিমাননো আৰু যোৰে যোৰে কাপোৰবোৰ সদায় ধুই থাকিবা। আজি নহ'লে সেইটোকে পিন্ধি ওলাই আহি গা টো ধুই লোৱা।

শুই উঠিয়েই নাইটিটো সলাই আলনাৰ পৰা আগদিনা পিন্ধা কাপোৰযোৰকে আনি গা-ধুবলৈ যাওঁতে পিন্ধি লওঁ বুলি ভাবি বিচনা খনত থওঁতেই শাহুৱেকে স্মিতাহঁতৰ কোঠাৰ খিৰিকীৰ পৰ্দাখন দাঙি কথাষাৰ কৈ আঁতৰি গ'ল। 
কথাষাৰ শুনি তাই ওলাই যোৱা  জিভাখনত আগ দাঁত  দুপাৰীয়ে কামুৰি ধৰিলে ।শাহুৱেকে তাৰমানে তাইক আজি নাইটিটো পিন্ধি থকা অৱস্থাতে দেখিলে‌। ছেঃ কি বুলি ভাবিছে বাৰু শাহুৱেকে তাইক ? চাদৰ-মেখেলাসোপা পিন্ধি ৰাতি শোওঁতে জোট-পোট লাগে বাবেই ৰক্তিমে ৰাতি শোওঁতে পিন্ধিবলৈ গাঁৱৰঘৰ হ'লেও নাইটি দুটা আনি দিছে তাইক।কিন্তু এটা কথা কৈ থৈছিল সি তাইক, ভুলতো যাতে তাই এইবোৰ পিন্ধি মাক-দেউতাকৰ সন্মুখত নোলায়। ৰক্তিমৰ কথামতেই ৰাতি নাইটি পিন্ধি ৰাতিপুৱা আকৌ গা-ধুবলৈ যাওঁতে চাদৰ-মেখেলাযোৰ পিন্ধিহে কোঠাৰ বাহিৰ হয় তাই।

শাহুৱেকৰ কথাষাৰ শুনি তাই কি কৰোঁ কি নকৰোঁ কৈ ভাৱত বিমূড় হৈ ৰক্তিমেও কেনেবাকৈ মাকৰ কথাষাৰ শুনিলে নেকি জানিবলৈ বুলি তাক বিচাৰি কোঠাটোৰ ভিতৰৰ পৰাই  "ৰক্তিম" "ৰক্তিম" বুলি দুবাৰমান উচ্চাৰিলে। 

নাই ৰক্তিম ওচৰে-পাজৰে বাদেই। ঘৰখনতে নাই যেন লাগিছে চোন। ৱাল ঘড়ীটোলৈ চাই দেখিলে তাই আঠ বাজি বিশ মিনিট গ'লেই। মানে তাই আজিও সোনকালে উঠিব নোৱাৰিলে! কিয় যে  ৰাতিপুৱা সময়খিনিত টোপনিটোৱে তাইক লগ এৰা নিদিয়ে নহয়! দিবনো ক'ৰপৰা ঘৰত এই সময়খিনিলৈকে তাই শোওঁতে শোওঁতে অভ্যাসত পৰিণত হ'লগৈ। এতিয়া ঘপহকৈয়ে অভ্যাসটো এৰুৱাওঁ বুলি এৰুৱাব নোৱাৰে তাই! ৰক্তিমৰ মাকজনীয়ে এই বিষয়টোলৈ আজিলৈকে তাইক একো নাইকোৱা যদিও ৰক্তিমে কৈ থাকে । পাৰিলে অলপ সোনকালে উঠিবলৈ চেষ্টা কৰিবলৈ। আৰু মা-দেউতাক হালে পুৱাতে নিজে বনাই চাহ খায় যদিও তাইও এই ঘৰখনত থকা এই দিনকেইটাত গেছতে বনাই ৰাতিপুৱা চাহ একাপ একাপ তেওঁলোকক দিবলৈ। ৰাতি শুবৰ সময়ত তাই ৰক্তিমক সদায়ে কয় "কাইলৈ মোক সোনকালে জগাই দিবা দেই"।প্ৰথম কেইদিন ৰক্তিমে তাইক জগাইছিল যদিও তাই উঠিবলৈ এলাহ কৰাত এইকেইদিন তাইক মাত নিদিয়াকৈ সিয়ে বিচনাৰ পৰা লাহেকৈ উঠি যায় সোনকালে।


পৃষ্ঠাঃ ২৯

  মাকে ব্ৰহ্মপুৱাতে উঠি পোন প্ৰথমে গোহালিটো চাফা কৰে। তাৰপিছত খীৰতি গাই দুজনীৰ গাখীৰ খীৰাই আনে।গা-টো তিয়াই দেউতাক আৰু ৰক্তিমক গাখীৰৰ  চাহ একাপ একাপ দি নিজেও খাই ঘৰখন সৰা-মোচা কৰে।তাৰপিছত আগফাল পিছফালৰ চোতাল দুখনো সাৰেগৈ চুৰুকি চুৰুকি।কঁকালৰ বিষটোৰ কাৰণে ৰ'দ চেৰেঙা ওলালেহে মানুহজনীয়ে চোতাল সাৰিবলৈ বাঢ়নিডাল হাতত লয়। নহ'লে হেনো বিষটোৱে বৰকৈ ধৰে মানুহজনীক।এইকেইদিনতে তাই মানুহগৰাকীক দেখি তবধ মানিছে। তাইৰ মাককতকৈ বয়সত ডাঙৰ হ'লেও মানুহজনীয়ে দমদমাই ঘৰখনৰ কাম-বনবোৰ কৰি থাকে। দেখাত মানুহগৰাকী ৰক্তিম হঁতৰ পিছফালৰ বাৰাণ্ডাখনত থূপাই  আঁৰি থোৱা তাঁতৰ বস্তুখিনিৰ লগত থকা চিৰি পাতৰ নিচিনাই ।দেখিলে স্বাস্থ্য-পাতি বৰ ঠিক নহয় যেন লাগিলেও তাইৰ মাকৰ নিচিনাকৈ দিনটো এশটামান বেমাৰৰ নাম লোৱা দেখা নাই মানুহজনীয়ে এইকেইদিনত এদিনো। মাথোঁ ৰক্তিম জন্ম হ'বৰ সময়ত ডক্টৰে কঁকালত দিয়া বেজীটোৰ কাৰণেহে সেই বিষটোৱে কঁকালটোত মাজে মাজে ধৰে বুলি সেইদিনা কথা প্ৰসংগত কৈছিল তাইক তেওঁ।

এইকেইদিনত স্মিতাই শুই উঠিয়েই ৰক্তিমৰ মাকে কৰি উঠা কামখিনি দেখি প্ৰায় আফচোচ কৰিছে । আপুনি কিয় ইমান সোনকালে কামবোৰ কৰি শেষ কৰি পেলায় মা। মই কৰিম বুলি ভাবোঁ হে। মোলৈ চোন কামেই নাথাকে। ঘৰুৱা কামবোৰ ঘৰত কৰা অভ্যাস নাই যদিও নিয়মৰ খাতিৰতে তাই শাহুৱেকক মাত ষাৰ দিয়ে।দুদিনমানৰ পিছত তো সিহঁত চহৰতে থাকিবগৈ । ঘৰত থকা এই দিনকেইটা অন্তত  স্মিতাই যাতে মাক-দেউতাকে বেয়া পোৱাকৈ একো কাম নকৰে বাৰে বাৰে অনুৰোধ কৰিছে ৰক্তিমে।

তাই কোৱা কথাষাৰৰ উত্তৰত শাহুৱেকে কয় "নালাগে আইজনী তুমি চহৰৰ ছোৱালী । সৰুৰ পৰা যে তোমাৰ এইবোৰ কৰাৰ অভ্যাস নাই, মই বুজি পাওঁ নহয়।"
তাই চাই থাকে শাহুৱেক জনীলৈ। এই মানুহজনী চোন  সেই টি ভি চিৰিয়েলত দেখা, গল্পবোৰত পঢ়া ,মাকে কোৱা টেঙৰ শাহুৱেকবোৰৰ  নিচিনা নহয়। একেবাৰে সহজ-সৰল।তেওঁক দোষ খুচৰিবলৈ স্মিতাই চোন একো ৰাস্তাই বিচাৰি পোৱা নাই এইকেইদিনত!



পৃষ্ঠাঃ ৩০

বিয়াৰ দুদিনৰ আগত স্মিতাক মাকে কৈছিল
:-এটা কথা চাবি মাজনী।ৰক্তিম ঘৰখনৰ একমাত্ৰ ল'ৰা। মাক-দেউতাকে  বিয়াৰ পিছতে যে তহঁতক ফ্লেটটোত থাকিবলৈ পঠাব মোৰ সন্দেহ আছে। তই তো গাঁৱৰ ঘৰৰ একো আও-ভাও নাজানই।সৰুৰ পৰা তোক কুটা এগজ কৰিবলৈ নিদিয়াকৈ  মই ডাঙৰ কৰিছোঁ। ৰক্তিমৰ নিচিনা ভাল ল'ৰা এটাক তই ভালপোৱা কাৰণেহে সি গাঁৱৰ ল'ৰা হ'লেও তোক মই তালৈ বিয়া দিবলৈ মান্তি হৈছোঁ।দেউতাৰাকো সৈমান কৰাইছোঁ। তোৰ লাগতীয়াল আটাইখিনি বস্তু আমি ফ্লেটটোতে ভৰাই দিম।ৰক্তিমহঁতৰ গাঁৱৰ ঘৰলৈ দেখিবলৈ বেয়া লাগিব বুলিহে তোৰ লগত বস্তু কেইপদমান দিছোঁ। তই সেইখন ঘৰত থাকিবলৈ কষ্ট পাবি । আমাৰ ঘৰখনৰ নিচিনাকৈ ইমান সা-সুবিধাও নাই তাত।সেইকাৰণেই আৰু এটা কথা কৈ থওঁ শুনচোন, "তই কাম-বনবোৰ কৰিব নাজানিলে ৰক্তিমৰ মাকে কিবাকিবি ক'লে তই ৰক্তিমৰ আগত কৈ কান্দি দিবি।তেতিয়া সি তোক সোনকালেই ফ্লেটলৈ লৈ আহিব।"
:-কিন্তু মা ৰক্তিমে ফ্লেটটোত থাকিবলৈ মন কৰিব জানো!সিটো নিজে থকা ভাড়াঘৰটোতে মোক বিয়াৰ পিছত ৰাখিম বুলি এদিন কৈছিল।
:-বিয়াৰ পিছত ৰক্তিমক হাতৰ মুঠিত ৰাখিবলৈ তোৰ নিজৰ কিটিপ লাগিব মাজনী।অভিমান কৰিবি তই তাক। মই আৰু দেউতাৰাই তোৰ কষ্টবোৰ সহ্য কৰিব নোৱাৰিম।

প্ৰথম কেইদিনত তাই বিয়া হৈ আহিয়েই এই  ঘৰখনত দুদিন থাকিয়ে তাইৰ মাকে শিকাই পঠিওৱা মতেই ৰক্তিমক আমনি কৰিছিল । সোনকালেই সিহঁতে  মাক-দেউতাকে চহৰত বিয়াৰ উপহাৰ স্বৰূপে কিনি দিয়া  ফ্লেটটোলৈ  যাওঁ বুলি! কিন্তু এইকেইদিনত তাই মনলৈ সেই ভাৱটো অহা নাই। আনকি মাকে ফোন কৰিলে সেই বিষয়টো উলিয়াব বুলিয়ে তাই খৰধৰকৈ ভাল-বেয়া সুধি কাটি দিয়ে ফোনটো। মাকে সেইদিনা সেয়েহে তাইক ফোন কৰি পোনে পোনে সুধিছিল---
:-তোৰ কি হৈছে মাজনী।ফোনত কথা পাতিব মন নকৰা হৈছ যে! তই কষ্ট পাইছ ন তাত, মই গম পাইছোঁ। তই যে ৰক্তিমক কথাবোৰ মনাব পৰা নাই...
সেইসময়ত ৰক্তিমৰ মাকজনী কাষতে ৰৈ থকাৰ কাৰণে  তাই মাকক একো নোকোৱাকৈয়ে ফোনটো সংযোগ বিচ্ছিন্ন কৰিছিল।

ৰক্তিম ক'ত গ'ল বাৰু এই ৰাতিপুৱাতে! কথাষাৰ সুধিবলৈ মাকজনীয়ো তাইক পৰ্দা ফাকেৰে কথাষাৰ কৈয়েই  পিছফাললৈ ঢাপলি মেলিলে।পিছফালৰ চোতালখন সাৰি আছে চাগৈ। শুই উঠাৰে পৰা একচেকেণ্ড সময়ো মানুহজনী বহি নাথাকে । আজিও হয়তো তাৰ ব্যতিক্ৰম হোৱা নাই।মাকজনীৰ কথামতেই তাই ইফালে-সিফালে পৰ্দাখনৰ ফাঁকেৰে চাই কাকো নেদেখি নাইটিটো পিন্ধিয়েই গা-টো ধুবলৈ গ'ল।


পৃষ্ঠাঃ ৩১

আৰু তিনিদিনৰ পিছতে সিহঁত এইখন ঘৰৰ পৰা চহৰলৈ যাবগৈ। ৰক্তিমৰ চুটি শেষ হৈ আহিছে ক্ৰমান্বয়ে।তাই সিদ্ধান্ত লৈছে এই দুটা দিনত তাই  যেনে-তেনে শাহুৱেক-শহুৱেক হালক ৰাতিপুৱা চাহ কাপ দিব!শাহুৱেকজনীয়ে ভাত ৰান্ধোতে  শাক-পাচলি খিনি কাটি দিয়াৰ ওপৰিও ইউ টিউবত চাৰ্ছ কৰি চাই মাছ-মাংসৰ ৰেচিপি বনাই খুৱাব।
কথাটো ভবাৰ লগে লগেই তাই ৰক্তিমক মাছ-মাংস আনিবলৈ বজাৰলৈ যাবলৈ ক'বলৈ ৰক্তিম ক'ত আছে মাকক সুধিলেগৈ।

:- তেওঁ ক'লৈ গ'ল মা ?
:-কিয় তোমাক সি কৈ নাইযোৱা নেকি আইজনী।
:-নাইকোৱা চোন মা।
:-সি চহৰলৈ গৈছে। কাইলৈ বোলে সি চহৰৰ ঘৰটোলৈ তোমাক লৈ যাবগৈ। আজি ঘৰটো অলপ চাফ-চিকুণ কৰিবলৈ গৈছে। দেউতাৰাও গৈছে তাৰ লগত। সি অকলে অসুবিধা পাব বুলি। গধূলিকৈ আকৌ তোমালোকক আজি মামা হঁতৰ ঘৰত ভাতসাঁজ খোৱাকৈ মাতিছে। সময়বোৰ বৰ চুটি হৈ আহিছে যেনহে লাগিছে মোৰ।
::আমিতো আৰু দুদিনমান ইয়াতে থকা কথা আছিল মা।তেওঁনো কিয় ইমান খৰধৰ কৰিছে। চাকৰিও ছুটি লৈ থৈছে।
:-সি তোমাক কথাবোৰ ক'বলৈ মানা কৰিছিল । তথাপিও তুমি জানিব খুজিছা যদি কওঁ বাৰু। তোমাৰ মা-দেউতাই তোমাক লৈ বহুত চিন্তাত পৰিছে। বিশেষকৈ তোমাৰ মায়ে তুমি ফোনত তেওঁৰ লগত ভালকৈ কথা নপতাৰ বাবে ৰক্তিমলৈ ফোন কৰি তুমি আমাৰ ঘৰত কষ্ট পাইছা বুলি চহৰলৈ তোমাক সোনকালে লৈ যাবলে কৈছে।
:-কি মা ? এওঁ চোন মোক একোৱেই কোৱা নাই এই বিষয়ে।
:-আচলতে ৰক্তিম সৰুৰ পৰাই তেনেকুৱাই মাজনী। সি কাৰো অন্তৰত আঘাত পোৱা কাম নকৰে। আমি তাক বুজোঁ।দেউতাক আৰু মই মনত কষ্ট পাম বুলিয়েই সি তোমাক লৈ এতিয়াই চহৰলৈ  লৈ যাম বুলি ভবা নাছিল যদিও আমিয়ে তাক বাধ্য কৰাইছোঁ। তুমিওতো ঘৰখনৰ একমাত্ৰ ছোৱালী। ঘৰখনৰ পৰা মা-দেউতাই তোমাক জানো উলিয়াই পঠিওৱা নাই। আমিও কথাবোৰ তেনেকুৱাকৈ ভাবি ল'ম দিয়া।মাজে মাজে আহি থাকিবা ৰক্তিমে ছুটি পালেই। ভাল লাগিব আমাৰো।
নোৱাৰিলে স্মিতাই চকুৰ পানীবোৰক বাধা দি ধৰি ৰাখিব। বিচনাখনতে পৰি চকুলো বোৱাই বিচনাচাদৰখন তিতি যোৱাকৈ কান্দি ল'লে।

শাহুৱেকে তাইক পিছফালৰ বাৰণ্ডাৰ পৰাই চিঞৰিলে "আইজনী ,আইজনী পাৰা যদি গেছতে গাখীৰৰ চাহ এটুপি বনোৱাচোন। আমি দুইজনীয়ে খাম।"
 অবাধ্য চকুপানীবোৰে আকৌ ওলাই আহিবলৈ বাট লৈছিল যদিও তাই বাধ্য কৰাই উঠি আহিল বিচনাৰ পৰা।

দুকাপ চাহ বনাই শাহু-বোৱাৰী দুয়োজনীয়ে কথা পাতি বাৰণ্ডাতে বহি খাই থাকোঁতেই স্মিতাৰ ফোনটো বাজিল।স্ক্ৰিনত জিলিকি উঠিল "মা" বুলি। তাই ৰিচিভ কৰা মাত্ৰকে মাকে তাইক অনৰ্গল কৈ যোৱা কথাবোৰৰ প্ৰত্যুত্তৰ দিবলৈ তাই শাহুৱেকৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ প্ৰয়োজন বোধ নকৰিলে। কৈ উঠিল তাই মাকক
:-তোমালোক কিয় এনেকুৱা মা ? কিয় ইমান স্বাৰ্থপৰৰ দৰে কাম কৰা ? তোমালোকৰ মৰমবোৰ মোৰ বাবে এতিয়া মৰম হৈ থকা নাই।বিভীষিকালৈহে ৰূপান্তৰ হৈছে। Sorry মা। মই তোমাকোক এষাৰ কথা ক'বলৈ বাধ্য আজি। মোলৈ ফোনটো অলপ কমকৈ কৰিবা তুমি। মই মোৰ ঘৰখন মোৰ মা- দেউতা আৰু স্বামীৰ সৈতে সুখেৰে আছো‌ মই ভালে আছো ইয়াত।
কথা কেইষাৰ কৈ স্মিতাই ফোনটো কাটি দিলে। কাষতে বহি থকা শাহুৱেকে স্মিতাক সাৱটি ধৰিলে।



পৃষ্ঠাঃ ৩২


মাজুলীৰ কিছু তথ্য

১/ কোনজন ব্যক্তিয়ে প্ৰথম মাজুলী শব্দটো ব্যৱহাৰ কৰিছিল ?
উত্তৰ:-ড° জন পিটাৰ ৱেদে।

২/ মাজুলীৰ প্ৰথম জন গ্ৰেজুৱেট ব্যক্তিৰ নাম কি ?
উত্তৰ:- কেশৱ ৰাম বৰা । 

৩/ মাজুলীৰ একমাত্ৰ নৈ খনৰ নাম কি ?
উত্তৰ:-টুনী নৈ ।
       
৪/ মাজুলীৰ প্ৰথম খন প্ৰাথমিক বিদ্যালয়ৰ নাম কি ?
 উত্তৰ:-কঢ়াল গাঁও প্ৰাথমিক বিদ্যালয়  ।

৫/ বৰ্তমান মাজুলীত কেইটা মৌজা আছে ? 
উত্তৰ:-তিনিটা ।

৬/ মাজুলীৰ আটাইতকৈ ডাঙৰ গাঁও খনৰ নাম কি ?
উত্তৰ:- বৰপমূৱা গাঁও জেংৰাই ।

৭/ মাজুলীৰ পৰা প্ৰকাশিত প্ৰথম সংবাদ পত্ৰ খনৰ নাম কি ? 
উত্তৰ:-আসাম বিলাসিনী ।

৮/ মাজুলীৰ প্ৰথমখন উচ্চ শিক্ষাৰ মহাবিদ্যালয়ৰ নাম কি ? 
উত্তৰ:-মাজুলী মহাবিদ্যালয় ।

৯/  মাজুলীৰ কোনখন বিলক কাছ সংৰক্ষিত বিলবুলি কোৱা হয় ?
উত্তৰ:- ঔ ডুবি বিলক ।

১০/ মাজুলীৰ  বিধান সভা সমষ্টিটোৰ নম্বৰ কিমান ? 
উত্তৰ:- ৯৯ নং

১১/ মাজুলীৰ প্ৰথম গৰাকী পুৰুষ অনাতাৰ শিল্পীৰ নাম কি ? 
উত্তৰ:-তৰুন চন্দ্ৰ পামেগাম।

১২/ মাজুলীৰ কোনখন সত্ৰত প্ৰথম ৰাস অভিনয়ৰ আৰম্ভ হৈছিল ?
উত্তৰ:-শ্ৰী শ্ৰী দক্ষিন পাট সত্ৰত । 

১৩/ মুখা শিল্পৰ বাবে পৃথিৱী বিখ্যাত মাজুলীৰ সত্ৰ খনৰ নাম কি ? 
উত্তৰ:-চামগুৰি সত্ৰ ।


পবিত্ৰ গায়ন
মাজুলী


পৃষ্ঠাঃ ৩৩


নীলা খামৰ চিঠিঃ

প্ৰতি
 ‌    প্ৰিয়তম, 

      বহু দিনৰ মূৰত আজি কলমটো তুলি লৈছোঁ তোমালৈ চিঠি লিখোঁ বুলি। মাজে সময়ে অৱশ্যে প্ৰয়াস নকৰা নহয়। কেইবাবাৰো এনেদৰে উকা কাগজ এখন আৰু কলমটো হাতত তুলি লৈ ঘণ্টা ঘণ্টা জুৰি বহিছোঁ, তোমাৰ আৰু মোৰ সেই প্ৰিয় ঠাইত। কিন্তু অভিমানৰ পয়োভৰত কলমটো বাৰে বাৰে ৰৈ যায়। হাতখন বাৰে বাৰে থমকি ৰয়। আৱেগৰ পাৰ ভাঙি বৈ অহা অশ্ৰুধাৰে বাৰে বাৰে তিয়াই উকা কাগজৰ শূন্যতা। কিন্তু আজি, আজি বহুত সাহস কৰি, বহুত ধৈৰ্য ধৰি লিখিছোঁ। নাজানো ডাকোৱালে তোমালৈ পোৱাবগৈ নে আধা বাটতে হেৰাই যাব চিঠিখন.. তোমাৰ আৰু মোৰ সপোনবোৰ হেৰুওৱাৰ দৰেই। 
           তোমাৰ চাগৈ বহুত ভাল। তুমি চাগৈ বহু সুখী তোমাৰ পৃথিৱীত। তোমাৰ আপোন মানুহখিনিৰ সৈতে। মোলৈ মনত পেলাবলৈ হয়তো তোমাৰ হাতত সময়েই নাই। এনেয়ো তুমি আগৰেপৰাই ব্যস্ত থাকি ভাল পোৱা, নহয় জানো। সেই তিনিবছৰ পূৰ্বেই যি চিঠি এখন লিখিছিলা। চিঠিখনৰ উত্তৰ নিদিয়াৰ বাবে বেয়া নাপাবা। একো উত্তৰেই নাছিল মোৰ হাতত । এতিয়াও নাই। বেয়া নাপাবা, তোমাৰ বিয়াৰ নিমন্ত্ৰণ পায়ো যাব নোৱাৰিলোঁ। যাব নোৱাৰা নহয়, ইচ্ছাকৃতভাৱে নগ'লো। জানাই চোন তুমি, তোমাক আনৰ সৈতে দেখিলে মোৰ সহ্য নহয় বুলি। 
         সময়ে হয়তো সকলো সলনি কৰে। সলনি কৰে জীৱন, সলনি কৰে মানুহৰ মন। তুমি সময়ৰ সোঁতত সলনি হ'লা নে পৰিস্থিতিৰ তাড়নাত পৰি সলনি হ'বলৈ বাধ্য হ'লা, নাজানো। নাজানো মোক অকলশৰে এৰি থৈ যোৱাৰ কাৰণ কি আছিল। জানো মাথোঁ মই একেই আছোঁ। যিজনী অনুৰাধাক তুমি চাৰি বছৰৰ পূৰ্বে এৰি থৈ গৈছিলা, আজিও সেই একেজনী অনুৰাধা হৈয়েই আছোঁ। মোৰ হৃদয়, তোমাৰ প্ৰতি থকা মোৰ মৰম, সকলোবোৰ আগৰ দৰেই আছে। মাথোঁ এতিয়া আগৰ দৰে অভিমানবোৰ নাই। অভিমান ভাঙিবলৈ তুমি কাষত নাই যে, সেইকাৰণে।
                  বাৰু এতিয়া মূল কথাখিনিলৈ আহোঁ। মই তোমালৈ চিঠি লিখাৰ কাৰণ এটাই। মই দুবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত। আৰু বেছি সময় নাই মোৰ হাতত। ডাক্তৰে কৈছে মাথোঁ চাৰি/পাঁচ মাহ মানহে জীয়াই থাকিম। সেয়েহে মৃত্যুৰ পূৰ্বে এবাৰ, মাথোঁ এবাৰ চাব বিচাৰোঁ তোমাক। মাথোঁ এবাৰ লগ পাব বিচাৰোঁ। আমাৰ সেই প্ৰিয় ঠাইত বহি হাতত হাত থৈ, তোমাৰ দুচকুত ডুব গৈ কিছু ক্ষণ অতিবাহিত কৰিব বিচাৰোঁ। অহ্! আৰু এটা কথা কোৱাই নাই তোমাক। তুমি মোক এৰি থৈ যোৱাৰ পিছতেই গম পাইছিলো যে মোৰ গৰ্ভত তোমাৰ নামৰ বীজ অংকুৰিত হৈছে। তোমাৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছিলোঁ, কিন্তু...। তোমাৰ বাবাটোয়ে এতিয়া তিনি বছৰত ভৰি দিছে। সি দেখিবলৈ সাইলাখ তোমাৰ দৰেই। তোমাৰ দৰেই মোক আমনি কৰি ভাল পায়। তোমাৰ দৰেই জেদী সি। আশা কৰোঁ মোৰ মৃত্যুৰ পিছত তুমি তাক নিজৰ নাম দিবা। পিতৃ দায়িত্ব পালন কৰিবা। আৰু কি লিখিম ? কলমটো বাৰে বাৰে থমকি ৰৈছে। তোমাৰ সংসাৰত আউল লগাব বিচৰা নাছিলোঁ মই। মোৰ বাবাটোৰ দায়িত্ব অকলশৰে পালন কৰিম বুলিয়েই ভাবিছিলো। কিন্তু নিয়তিৰ সৈতে যুঁজিবলৈ মই যে অপৰাগ। সেয়েহে মই কাতৰ অনুৰোধ কৰিছোঁ, এবাৰ মাথোঁ উভতি আহাঁ। ৰাখি নথওঁ তোমাক মোৰ কাষত। মাথোঁ মোক শেষ বিদাই দি গুচি যাবা তুমি। যাওঁতে লৈ যাবা তোমাৰ বাবাটোক। মই গুচি যোৱাৰ পিছত তোমাৰ বাহিৰে তাৰ কোনো নাথাকিব। কাৰণ সমাজৰ চকুত সি যে অবৈধ।  তোমাৰ হাতত তাক গতাই দিব পাৰিলেই মই হাঁহি হাঁহি মেলানি মাগিম‌ এই জীৱনটোৰ পৰা। আশা কৰোঁ তুমি আহিবা। পলম নকৰিবা। মোৰ হাতত অধিক সময় নাই। মই আগ্ৰহেৰে বাট চাই ৰ'ম।

ইতি,
তোমাৰ, মাথোঁ তোমাৰ অনুৰাধা।


স্বেতা ছেত্ৰী
ডিগবৈ মহাবিদ্যালয়, তিনিচুকীয়া


পৃষ্ঠাঃ ৩৪

মতামত শিতানঃ

আমাৰ প্ৰশ্নঃ
সামাজিক মাধ্যমসমূহত সাহিত্য চৰ্চাৰ প্ৰাসংগিকতা কিমান?

আপোনাৰ উত্তৰঃ

মোৰ দৃষ্টিভংগীত সামাজিক মাধ্যম সমূহত সাহিত্য চৰ্চাৰ যথেষ্ট প্ৰাসংগিকতা আছে |
    বৰ্তমান সময়ত প্ৰযুক্তি বিদ্যাৰ সুফল হিচাপে লাভ কৰা সামাজিক মাধ্যম সমূহ , সাহিত্য চৰ্চাৰ এখন মুকলি মঞ্চত পৰিণত হৈছে | প্ৰধানতঃ সকলোৰে হাতে হাতে উপলব্ধ স্মাৰ্ট ফোনটোত অতি কম সময়তে  লিখা মেলা কৰিবলৈ সহজ হোৱাৰ বাবে সামাজিক মাধ্যমত সাহিত্য চৰ্চাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলি ধাৰণা কৰা হৈছে | তদুপৰি সামাজিক মাধ্যমত নিজৰ ইচ্ছা অনুসাৰে নিজস্ব ধৰণেৰে যিকোনো বিষয়ৰ ওপৰত লিখিব পাৰে | আনহাতে চপা মাধ্যমত ন শিকাৰু সকল বহু সময়ত উপেক্ষিত হোৱাও পৰিলক্ষিত হয় | এনে ক্ষেত্ৰত সামাজিক মাধ্যমৰ জৰিয়তে কৰা সাহিত্য চৰ্চাই ন শিকাৰু সকলৰ সাহিত্যিক দিশটো সবল কৰে | সামাজিক মাধ্যমত কেতিয়াবা কিছুমান যোগাত্মক বিষয়ে প্ৰত্যক্ষ ৰূপত হাজাৰোধিক পাঠকৰ সহাৰি লাভ কৰাও পৰিলক্ষিত হয় |
    এই খিনিতেই উল্লেখনীয় যে সামাজিক মাধ্যমত  "অৰ্দ্ধ আকাশ " আৰু "অসমীয়াত কথা বতৰা" নামৰ দুটা বিশেষ গোটে ন শিকাৰু সকলক সাহিত্য চৰ্চাৰ এখন উপযুক্ত মঞ্চ দি আহিছে | "অৰ্দ্ধ আকাশ"ৰ মজিয়াৰ পৰাই অসমীয়া সাহিত্যত কেইবাখনো উপন্যাসৰ সৃষ্টি হৈছে | বিগত সময়ত পাঠকৰ মাজত বহুল সমাদৃত ইন্দ্ৰানী শৰ্মাৰ "জে.ই.চি", ৰাস্না পালকৰ "বেলি বিহীন কপালৰ ৰ'দ ঘাই মানুহজনী " আৰু "উভতি ৰ'দৰ বাটেৰে" , উপন্যাস কেইখন অৰ্দ্ধ আকাশৰ পৰাই জন্ম হৈছে | তদুপৰি বৰ্তমান সময়ত প্ৰকাশিত বিভিন্ন ই আলোচনী সমূহেও সামাজিক মাধ্যমত সাহিত্য চৰ্চাৰ দিশটো অধিক কটকটীয়া কৰিছে |

    গতিকে সাহিত্য চৰ্চাৰ বুনিয়াদী প্ৰয়াসৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি |

দেৱাশ্ৰী হাজৰিকা 
দেৰগাঁও, দূৰভাষ - ৯১০১০৭৫৭৪০


পৃষ্ঠাঃ ৩৫


নিয়মীয়া শিতানঃ

জ্ঞানৰ সঁফুৰা

১) 'ভাষা যেতিয়া অৰ্থৰে ঠাঁহ খাই পৰে,তেতিয়াই সি মহৎ সাহিত্য হয় ৷' কথাষাৰ কোনে কৈছিল?


২) চেতনা প্ৰবাহ পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল?

৩) সত্যনাথ বৰাৰ সাহিত্য বিষয়ক প্ৰথম সমালোচনা পুথিখন হ'ল?

৪) চিত্ৰকল্পবাদী আন্দোলনৰ গুৰি ধৰোঁতাজন কোন?

৫) এবছাৰ্ড শব্দটো প্ৰথমে প্ৰয়োগ কৰা ব্যক্তিগৰাকী কোন?

৬) 'পয়েটিকছ' গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

৭) মনোবিশ্লেষণবাদৰ প্ৰৱৰ্তক কোন?

৮) 'সৌন্দৰ্যৰ লগত অভিনৱত্বৰ সংযোগেই নৱন্যাসবাদৰ প্ৰধান বৈশিষ্ট্য' কথাষাৰ কোনে কৈছিল?

৯) AESTHETISM (নন্দনতত্ব বাদ)'ৰ লগত জড়িত ব্যক্তিগৰাকী কোন?

১০) 'এখন শ্ৰেষ্ঠ গ্ৰন্থ মহৎ আত্মাৰ মহাৰ্ঘ্য জীৱনৰক্ত স্বৰূপ,যাক পুৰুষৰ পাছত পুৰুষ ধৰি সংৰক্ষণ কৰা হয় ৷' কথাষাৰৰ ব্যক্তিগৰাকী কোন?

(উল্লেখিত প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি আমালৈ প্ৰেৰণ কৰক। শুদ্ধ উত্তৰ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। শুদ্ধ উত্তৰসমূহৰ লগতে আপোনাৰ নাম, ঠিকনা 91275 64124 নম্বৰলৈ হোৱাটচএপ যোগে প্ৰেৰণ কৰক। উত্তৰ প্ৰেৰণৰ অন্তিম তাৰিখ 25 জুলাই 2020)

(যোৱাসংখ্যাৰ জ্ঞানৰ সঁফুৰাৰ উত্তৰ সমূহ:- বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য (ভট্টদেৱ),বিষ্ণুভাৰতী, ৰঘুনাথ মহন্ত, ৰঘুদেৱ, ড˚ বাণীকান্ত কাকতি, ৰামদেৱ গোস্বামী, বিৰিঞ্চি কুমাৰ বৰুৱা ,লক্ষ্মীনাৰায়ণ চট্টোপাধ্যায়, দামোদৰদেৱ, কাল সংহতি৷)
উল্লেখযোগ্য যে এই শিতানত আমালৈ পঠিওৱা উত্তৰ সমূহৰ পৰা লটাৰীযোগে নিৰ্বাচিত হৈছে দেৱাশ্ৰী হাজৰিকা। অভিনন্দন দেৱাশ্ৰী।


পৃষ্ঠাঃ ৩৬


নিয়মীয়া শিতানঃ

শব্দৰ যট্পট্

(তলত কেইটামান সঘনে ব্যৱহাৰ হৈ থকা শব্দৰ আখৰসমূহৰ স্থান সলনি কৰি দিয়া হৈছে। শব্দসমূহ শুদ্ধকৈ লিখি আমালৈ প্ৰেৰণ কৰক। আটাইকেইটা শব্দৰ শুদ্ধ ৰূপ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। 91275 64124 নম্বৰৰ হোৱাটচএপত উত্তৰসমূহ প্ৰেৰণ কৰক। জমা দিয়াৰ অন্তিম তাৰিখ 25 জুলাই 2020।)

ক/ ৰামূখঁৰা
খ/ সুটাৰখঁ
গ/ ঘাতপেটাচ
ঘ/ শুত্তদ্ধিচি
ঙ/ লন্ধৰজ
চ/ কীয়াটাট
ছ/ ৰনীস্কতিৰ
জ/ ণাচাৰ্যদ্ৰো
ঝ/ প্ৰান্তৰগন
ঞ/ ত্যুপকাপ্ৰৰ
..................................................

যোৱা সংখ্যাৰ শুদ্ধ উত্তৰ সমূহঃ
কণকলতা, জ্বৰান্তক, কথোপকথন, গন্ধীয়া-ভণ্ডাৰ, ঝাঁপতাল, দস্তৱদস্ত, নৈসৰ্গিক, ফান্দোৱাল, ব্যাজোক্তি, ব্ৰহ্মকুণ্ড।

(যোৱা সংখ্যাত কোনেও আটাইকেইটা শব্দৰ শুদ্ধ ৰূপ জনাব নোৱাৰিলে। আশাকৰোঁ এই সংখ্যাত পাঠকে শুদ্ধ উত্তৰ লিখি আমালৈ প্ৰেৰণ কৰিব পাৰিব।)


পৃষ্ঠাঃ ৩৭

নিয়মীয়া শিতানঃ

ৰেচিপি

এগ ভুৰ্জি


উপকৰণ:

1) ৩ টা ডাঙৰ পিঁয়াজ (বেছি কম ল'ব পাৰে)
2)  ২টা বিলাহী 
3) ৪টা মান জলকীয়া 
4) ১ইঞ্চি মান আদা 
5)  ২ tbsp তেল 
6) ১tbsp বাটাৰ 
7) নিমখ সোৱাদ অনুযায়ী 
8) 1tbsp জলকীয়াৰ গুৰি 
9) আধা চামুচ হালধি গুৰি 
10) পাউ ভাজি মছলা (নিদিলেও কথা নাই)
11) গোটা জিৰা অলপমান 
12) ধনীয়াৰ পাত অলপমান 
13) কণী 4/5 (ইচ্ছা অনুযায়ী) 

প্রণালী:

  কেৰাহীটো গৰম কৰি  তাত  তেল আৰু  বাটাৰ  খিনি জিৰা খিনি  দি লৈ তাত  সৰুকৈ কাটি লোৱা পিয়াঁজ, জলকীয়া,  আদা,বিলাহী খিনি দি অলপ লৰাই দিয়ক তাৰ পিছত তাত ৰেডি কৰি ৰখা মছলা খিনি দি ভালদৰে  ভাজি লওক। অলপ পানী দিয়ো ভাজিব পাৰে।  তাৰ পিছত কণী কেইটা ভাঙি ভালদৰে ঘুটি লওক আৰু কেৰাহীত থকা মছলাৰ ওপৰত ঢালি দিয়ক। তাৰ পিছত  গোটেই খিনি ভালদৰে ভাজি লওক।  শেষত  ভালদৰে ভজাৰ পিছত  ধনীয়াৰ পাত অলপমান চতিয়াই দিয়ক। আপোনাৰ সুস্বাদু '' এগ্ ভুৰ্জি ৰেডি ''। ইয়াক  আপুনি ব্রেড বা যিকোনো  চাউলৰ ভাতৰ লগত খাব পাৰে।
ডিম্পী চৌধুৰী
পাঠশালা


পৃষ্ঠাঃ ৩৮

মডেল পৃষ্ঠাঃ

(মডেল পৃষ্ঠাৰ বাবে আপুনিও আমালৈ আপোনাৰ নাম, ঠিকনা লিখি ফটো প্ৰেৰণ কৰিব পাৰে। ফটোসমূহ 9678696861 নম্বৰত উপলব্ধ হোৱাটচএপলৈ প্ৰেৰণ কৰক। অহা সংখ্যাত প্ৰকাশৰ বাবে ফটো প্ৰেৰণৰ অন্তিম তাৰিখ 25 জুলাই 2020)


১। নাং মৌচুমি গগৈ (শিশু মডেল)



২। মনীষা দাস



৩। দিছা ৰাণী বৰ্মন



৪। জোৎস্না শইকীয়া




পৃষ্ঠাঃ ৩৯

শেষ পৃষ্ঠাৰ কলমঃ

অসমৰ লোক-সংস্কৃতি

পৰিণীতা কলিতা 
সহ সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ ৯১২৭৫৬৪১২৪


লোকসংস্কৃতি এটা জাতিৰ সভ্যতাৰ প্ৰতিবিম্বস্বৰূপ ৷ জাতিৰ লোক-সংস্কৃতিৰ স্বৰূপ লোক-সাহিত্যত আৰু লোক-বিশ্বাসসমূহত প্ৰকাশ পায় ৷ জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈকে আঁত নিছিগাকৈ চলি অহা জনশ্ৰুতিয়েই হ'ল লোক-সাহিত্য ৷ ই গদ্য আৰু গীত দুয়োটা ৰূপতেই যুগ যুগ ধৰি সমাজৰ মুখে মুখে চলি আহিছে ৷ ধৰ্ম অনুষ্ঠান,পূজা-পাৰ্বণ, লোক-বিশ্বাস, নিয়ম -কানুন, সাধু-উপাখ্যান, প্ৰকৃতিৰ ব্যাখ্যা, নৃত্য-নাট্য, অভিনয়, ক্ৰীড়া, কৌতুক -এই সকলো মিলি লোক-সংস্কৃতি সম্পূৰ্ণ হৈছে বুলি ক'ব পৰা যায় ৷
অসমীয়া লোক-সংস্কৃতিৰ পৰিসৰ অতি বিশাল ৷ লোক-সংস্কৃতিয়ে জাতি এটাৰ সাধাৰণতে চাৰিটা দিশ সামৰি লয় ৷ 
(ক) লোক-সাহিত্য ৷
(খ) সামাজিক প্ৰথা আৰু ৰীতি-নীতি যথা-পূজা-পাৰ্বণ, উৎসৱ, খেল-ধেমালি আদি ৷
(গ)দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক সা-সঁজুলি ৷
(ঘ) পৰিৱেশিত কলা ৷

অসমীয়া লোক-সংস্কৃতিৰ প্ৰধান অংগটো হৈছে অসমৰ মৌখিক সাহিত্য ৷ মৌখিক সাহিত্যৰ দিশত অসম বাৰুকৈয়ে চহকী ৷ অসমৰ মৌখিক সাহিত্যক বহলকৈ ৪ টা ভাগত ভাগ কৰিব পাৰি ৷
(ক) লোকগীত
(খ) প্ৰবচন বা ফকৰা-যোজনা
(গ)সাধুকথা
(ঘ)মন্ত্ৰ সাহিত্য 
অসমীয়া লোক-সাহিত্যৰ মাজেদি অসমীয় জাতিৰ সামাজিক নীতি-নিয়ম,প্ৰেম-বিৰহ,আশা-আকাংখা,সুখ-দুখ,চিন্তা-ভাৱনা,কল্পনা আদি আটাইবোৰ দিশেই প্ৰতিফলিত হৈছে ৷
  
অসমীয়া লোক-সাহিত্যৰ প্ৰধান ভাগ লোকগীতসমূহক পটভূমি আৰু বিষয় অনুসৰি ৫ ভাগত ভাগ কৰিব পাৰি ৷
(ক) অনুষ্ঠানমূলক 
(খ) আখ্যানমূলক
(গ) দেহ-বিচাৰমূলক
(ঘ) নিচুকনি
(ঙ) বিবিধ 

(ক) অনুষ্ঠানমূলক গীত: বিহুগীত,বিয়ানাম, ভেকুলী-বিয়াৰ নাম,আইনাম আদি অনুষ্ঠানমূলক গীতৰ ভিতৰত পৰে৷ বিহুগীত তথা বনগীতবোৰ অসমীয়া আখ্যানমূলক লোকগীতসমূহক ভিতৰত আটাইতকৈ আকৰ্ষণীয় ৷
বিহুগীত: অসমীয়াৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সময়ত বিহুগীত গোৱা হয় ৷ বিহুগীতবোৰৰ মাজত অসমীয়া ডেকা-গাভৰুৰ প্ৰাণোচ্ছল যৌৱনৰ আৱেগ-অনুভূতি,প্ৰেম-বিৰহ আদি ভাৱৰ প্ৰকাশ ঘটিছে ৷ বিহুগীতৰ প্ৰধান বিষয় হৈছে প্ৰেম ৷ 
হুঁচৰি গীত আৰু বনগীত বিহুগীতৰেই অনুৰূপ মাথোন ৷হুঁচৰি গীত মানুহৰ ঘৰে ঘৰে গাই পইচা,ফুলাম গামোচা আদি লোৱা  হয় ৷ এনে গীত আৰ্শীবাদসূচক আৰু মাৰ্জিত ধেমালীৰে পূৰ্ণ ৷৷বনগীতত ডেকা-গাভৰুৰ যৌন ক্ষুধা আৰু যৌৱনৰ উন্মাদ কামনাৰ প্ৰকাশ ঘটে ৷

(খ) আখ্যানমূলক: আখ্যানমূলক গীতৰ মাজেদি একোটি আখ্যান বৰ্ণনা কৰা হয় ৷ ইয়াক কাহিনী গীত বা মালিতাও বোলে ৷ এনে গীতত বীৰত্বব্যঞ্জক বা আদি ৰসাত্মক কাহিনী,দু:সাহসিক কাহিনী আদি বৰ্ণিত হয়  ৷

আখ্যানমূলক লোকগীতসমূহক ৩ টা ভাগত ভাগ কৰিব পাৰি ৷
(১) বুৰঞ্জীমূলক
(২) কিংবদন্তীমূলক
(৩) কাল্পনিক 

(গ) দেহ বিচাৰমূলক গীত: লোকগীতৰ তৃতীয় বিভাগটো হৈছে দেহ বিচাৰমূলক গীত ৷ এই গীতবোৰৰ মাজেৰে মানৱ দেহাৰ ক্ষণস্থায়িত্ব,ধন-দৌলতৰ অসাৰত্ব  আৰু পাৰলৌকিক চিন্তাৰ প্ৰকাশ ঘটিছে ৷

(ঘ) নিচুকনি গীত: নিচুকনি গীতবোৰ অসমীয়া লোকগীতৰ এটি শাখা ৷ নিচুকনি গীতবোৰ সাধাৰণতে সৰু ল'ৰা-ছোৱালীক  টোপনি নিয়াবলৈ গোৱা হয় ৷ শ্ৰীধৰ কন্দলীৰ 'কাণখোৱা' শিৰোনামৰ নিচুকনি গীতটো অসমীয়া নিচুকনি গীতৰ শ্ৰেষ্ঠ নিদৰ্শন ৷

(ঙ) বিবিধ বিষয়ক গীত: বিবিধ বিষয়ৰ গীতত সাধাৰণতে গোৱালপৰীয়া লোকগীত,কামৰূপীয়া লোকগীত,বাৰমাহীৰ গীত,বনগীত আদি গীতসমূহক অন্তৰ্ভূক্ত কৰিব পাৰি ৷ গোৱালপৰীয়া লোকগীতে গোৱালপাৰাৰ সৰ্বসাধাৰণ খাটিখোৱা লোকৰ এখন ছবি দাঙি ধৰে ৷

  অসমীয়া লোক-সংস্কৃতিৰ দ্বিতীয় অংগটো হ’ল- সামাজিক প্ৰথা,  যথা- ৰীতি নীতি, উৎসৱ, পূজা পাৰ্বন আদি। 
অসমীয়া মানুহে পালন কৰা বিহু তিনিটা যেনে- বহাগ বিহু, কাতি বিহু আৰু  ভোগালী বিহু।
 পূজা পাৰ্বন-- কালি পূজা, দুৰ্গা পূজা, স্বৰস্বতী পূজা, মা কামাখ্যা দেৱীৰ পূজা ইত্যাদি।উৎসববোৰ  - দৌল, পচেতী, ভথেলী বাম্বোল, সোনোৰায় আদি । খেল- ধেমালীবোৰ  হৈছে- টাংগুটি,  লুকাভাকু, বাঘাবুল , গছক পতি, হাউ ইত্যাদি। 
অসমীয়া জাতিৰ ঐক্য আৰু সংহতি স্থাপন আৰু অটুট ৰখাত উক্ত উৎসৱসমূহ , খেল- ধেমালি আৰু পূজা পাৰ্বনে  যথেষ্ট  অৰিহণা যোগাইছে। এনেবোৰ  সামাজিক প্ৰথাত সকলো মানুহে জাতি ধৰ্ম নিৰ্ৱিশেষে অংশগ্ৰহণ কৰে।

অসমীয়া লোক-সংস্কৃতিৰ তৃতীয় অংগটো হ’ল -দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক  কলা বা সা সঁজুলি। ইয়াৰ ভিতৰত  অসমীয়া মানুহৰ ঘৰ-দুৱাৰ সজাৰ পদ্ধতি, কাম বন কৰাৰ আহিলা, অসমীয়া সমাজত মুনিহ- তিৰোতাসকলে পৰিধান কৰা কাপোৰ যেনে: পাট কাপোৰ, মুগা কাপোৰ, এৰি  কাপোৰ আদি বিশ্ব বিখ্যাত। এইবোৰ  অসমীয়া সমাজৰ বহুমূলীয়া সম্পদ । তাৰোপৰি সোণ-ৰূপৰ কাম, হাতী দাঁতৰ অলংকাৰ, পিতল বা কাঁহৰ কাম-কাজত অসমীয়া জাতি নিপুন আৰু সন্মানৰ যোগ্য ৷

অসমীয়া সমাজ-সংস্কৃতিৰ চতুৰ্থটো অংগ হ’ল- অসমীয়া সমাজত পৰিবেশিত  হোৱা সংগীত, নৃত্য আৰু বাদ্য যন্ত্ৰসমূহ। অসমীয়া সংগীতত ব্যৱহাৰ হোৱা বাদ্য-যন্ত্ৰসমূহৰ ভিতৰত তাল, খোল, মৃদং, পেঁপা, বাঁহী আদি উল্লেখযোগ্য । নৃত্যৰ ভিতৰত  বিহু নৃত্য, দেউধনি নৃত্য, ৰাভাসকলৰ ফৰকানি নৃত্য, ওজাপালি নৃত্য, ভাৰীগান নৃত্য  আদিৰ নাম ল'ব পাৰি ৷

লোকজীৱনৰ জীৱনচৰ্যাৰ কলাত্মক প্ৰকাশেই লোক-সংস্কৃতি ৷লোকজীৱনে পৰম্পৰাগতভাৱে বহন কৰা ধৰ্মীয় বিশ্বাস,ৰীতি-নীতি, সংস্কাৰ-কু-সংস্কাৰ সকলোবোৰেই লোকসংস্কৃতিৰ সমল ৷ উত্তৰপূব ভাৰতবৰ্ষৰ ৰাজ্য অসম লোক-সংস্কৃতিৰ দিশত অতি চহকী ৷ 

উৎস: অসমীয়া লোকসংস্কৃতি-বিৰিঞ্চি কুমাৰ বৰুৱা।


পৃষ্ঠাঃ ৪০


মতামত শিতানঃ

আগন্তুক সংখ্যাৰ বাবে মতামত  শিতানৰ প্ৰশ্ন

অনলাইন শিক্ষা ব্যৱস্থা সম্পৰ্কে আপোনালোকৰ মতামত কি ?

উক্ত প্ৰশ্নটোৰ উত্তৰ চমুকৈ লিখি আমালৈ প্ৰেৰণ কৰক।

উল্লেখ্য যে মতামত শিতানৰ উত্তৰ দিওঁতা শ্ৰেষ্ঠজনক পুৰস্কৃত কৰা হ'ব।

মতামত প্ৰেৰণৰ বাবে প্ৰয়োজনীয় হোৱাটচএপ নম্বৰঃ 6000709096

Email: ankuran2014@gmail.com



পৃষ্ঠাঃ ৪১


ঘোষণাঃ

1 আগষ্ট 2020 সংখ্যাৰ বাবে লেখা আহ্বান


লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ অপ্ৰকাশিত হোৱাটো বাঞ্চনীয়।

২) লেখকৰ সম্পূৰ্ণ নাম,ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠাব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।


আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 জুলাই, ২০২০।

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হাততো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।


পৃষ্ঠাঃ ৪২

বেটুপাত ৩ঃ

অংকুৰণ প্ৰকাশনৰ পৰা শীঘ্ৰে প্ৰকাশ পাব
নৱতম উপন্যাস
অনুসূয়া



কি হ'ব পাৰে?
যেতিয়া আপোনজনেই বৈৰী হয়!
আপোনজনৰ বিশ্বাসঘাটকতা যেতিয়া সন্মুখলৈ আহে, তেতিয়া কি কৰা উচিত?
বিশ্বাস আৰু ভালপোৱাই কিমান সাহস যোগাব পাৰে?
জন্ম‌ই মানুহ গঢ়ে নে পালন পোষণে গঢ়ে?
সমাজৰ নিয়ম নাৰীৰ মৰ্যদা অক্ষুন্ন ৰাখিবলৈ সম্পূৰ্ণ সক্ষম নে?
এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ জানিবলৈ পঢ়ক ৰশ্মিৰেখা বৰাৰ দ্বাৰা ৰচিত হৃদয়স্পৰ্শী কাহিনী আৰু জীৱনৰ বহুতো বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত ৰচিত উপন্যাস অনুসূয়া

আপোনাৰ কপীটোৰ বাবে আজিয়েই 8638310699 নম্বৰত যোগাযোগ কৰক।


পৃষ্ঠাঃ ৪৩

বেটুপাত ৪ঃ