পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ
লেখা পঠিওৱাৰ নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 জুলাই 2021
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।
পৃষ্ঠাঃ ৩
অণুগল্প প্ৰতিযোগিতাৰ ফলাফল
সৰ্ব প্ৰথমে আমি অঙ্গন পৰিয়ালে সমূহ প্ৰতিযোগীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিগত জুন মাহত অঙ্গনৰ সৌজন্যত আয়োজন কৰা অণুগল্প প্ৰতিযোগিতাৰ ফলাফল সমূহ আমি ১-১৫ জুলাইৰ সংখ্যাত ঘোষণা কৰা কথা উল্লেখ কৰিছিলোঁ। সেয়ে আমি হৈ যোৱা প্ৰতিযোগিতাৰ ফলাফল তলত উল্লেখ কৰিলোঁ।
প্ৰথম স্থানঃ
অণুগল্পৰ নাম- অম্বা
লেখিকাঃ জয়শ্ৰী কলিতা
(মঙ্গলদৈ , দৰং)
দ্বিতীয় স্থানঃ
অণুগল্পৰ নাম- বোজা
লেখিকাঃ চম্পা দাস দুৱৰা
(শিৱসাগৰ )
তৃতীয় স্থানঃ
অণুগল্পৰ নামঃ লাঞ্চিতা
লেখিকাঃ পৰিস্মীতা গগৈ দত্ত
(শিৱসাগৰ )
অঙ্গনৰ পৰিয়ালৰ তৰফৰ পৰা বিজয়ী প্ৰতিযোগী সকললৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতাত ভাগ লৈ আমাক উৎসাহিত কৰা প্ৰতিজন প্ৰতিযোগীলৈ থাকিল অশেষ ধন্যবাদ। উল্লেখ্য যে বিজয়ীসকললৈ তেওঁলোকৰ মানপত্ৰসমূহ
শীঘ্ৰে ডাকযোগে প্ৰেৰণ কৰা হ'ব।
ধন্যবাদেৰে
সম্পাদনা সমিতি অঙ্গন
* * * * * * * * * * * * * * * * * * * * * * * * * *
পষেকীয়া আলোচনী অঙ্গনৰ উদ্যোগত
কবিতা পাঠ প্ৰতিযোগিতা
নিয়মাৱলী সমূহঃ
১) প্ৰতিযোগীয়ে স্বৰচিত অথবা স্বনিৰ্বাচিত কবিতা পাঠ কৰিব পাৰিব ৷
২) প্ৰতিযোগী সকলে ভিডিঅ' আকাৰে কবিতাটো ৩ মিনিটৰ ভিতৰত পাঠ কৰি আমালৈ প্ৰেৰণ কৰিব লাগিব। উল্লেখ্য যে ভিডিঅটোত কোনো ধৰণৰ বেকগ্ৰাউণ্ড মিউজিক, ইক' আদি সংযোজন কৰিব নোৱাৰিব তথা কোনো ধৰণৰ সম্পাদনা কৰিব নোৱাৰিব।
৩) প্ৰতিযোগী সকলে ভিডিঅ' টো ৰেকৰ্ড কৰাৰ সময়তেই নিজৰ নাম, ঠিকনা, কবিতাৰ শিৰোণাম, কবিৰ নাম আদি স্পষ্টকৈ উল্লেখ কৰিব লাগিব ৷
৪) দৰ্শকৰ সংখ্যা (ভিউৱাৰ)ৰ ভিত্তিত প্ৰতিযোগী সকলৰ মাজৰ পৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান নিৰ্দ্ধাৰণ কৰা হ'ব। বিজয়ী তিনি জনলৈকে ডাকযোগে মানপত্ৰ সমূহ প্ৰেৰণ কৰা হ'ব।
৫) ফলাফলৰ ক্ষেত্ৰত সমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব ৷
৬/ প্ৰতিযোগীসকলে পাঠ কৰা কবিতাৰ ভিডিঅ' সমূহ অহা ১০ জুলাই তাৰিখে দিনৰ ১০ বজাৰ ভিতৰত পোৱাকৈ আমালৈ প্ৰেৰণ কৰিব লাগিব।
৭/ ভিডিঅ' সমূহ ১১ জুলাই তাৰিখে নিশা ১০ বজাৰ ভিতৰত আমাৰ পেজত আপলোড হ'ব। ইয়াৰ পিছত প্ৰতিযোগীসকলে সকলে শ্বেয়াৰ কৰিব পাৰিব।
৮/ আগ্ৰহী সকলে ভিডিঅ' সমূহ 6000709096/9365422088 হোৱাটচ্ এপ নম্বৰত পঠিয়াব লাগিব।
আগ্ৰহী সকলৰ অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰা হ'ল।
পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চৰাতঃ
১/ সম্পাদকীয়ঃ
নিঃসংগতা
২/ প্ৰৱন্ধ:
ক/ পুখুৰী পুৰি গুৱাহাটী ( প্ৰণৱ ফুকন)
খ/ আনুষ্ঠানিক শিক্ষাৰ অবিহনেই প্রায় সাতখনকৈ গ্ৰন্থ প্ৰণেতা দৰঙৰ বিশিষ্ট সাহিত্যিক যতীন কুমাৰদেৱৰ বর্ণিল জীৱন গাথা ( অজয় বৰুৱা)
গ/ কৰ'না মহামাৰী আৰু অনলাইন শিক্ষা ব্যৱস্থা ( অমৰ জ্যোতি ৰাজবংশী)
ঘ/ "শিলগুটি এটা মাৰি দিলে কবিৰ মূৰতে পৰিব" ( মঞ্জিত হাজৰিকা)
৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ অভিশ্ৰুতি ( চয়নিকা বৰুৱা)
খ/ পোচাকৰ আঁৰৰ মানুহজন ( শিখামণি গগৈ)
৪/ অণুগল্পঃ
ক/ দীনতা ( অংশুমান ভূঞা)
খ/ দাগ ( অৰ্চনা গগৈ)
গ/ শুকান বৃক্ষ ( হিৰণ ভূঞা)
৫/ চুটি গল্পঃ
ক/ বস্তুবাদী ( অনুসূয়া বৰঠাকুৰ)
খ/ ৰান্ধনি ( বিহংগিনী)
৬/ অনুবাদ কবিতাঃ
ক/ এপাহি ৰঙা, ৰঙা গোলাপ ( মূল ইংৰাজী A Red, Red Rose by Robert Burns
অনুবাদঃ প্ৰাণকৃষ্ণ গোস্বামী)
খ/ স্বীকাৰোক্তি ( মূল ইংৰাজী Confession by Louise Gluck অনুবাদঃ তনুশ্ৰী দাস)
গ/ দুই মহল ( অনুবাদঃ মিনাষী ৰায় ডাকুৱা)
৭/ কবিতাঃ
ক/ মৰিচীকা ( বৈষ্ণৱী গগৈ)
খ/ জোনাকী পথৰ শুকুলা ৰথ ( শ্যামল বৰা)
গ/ শিপা ( মনচুমী কলিতা নাথ)
ঘ/ এজাৰ ফুলা দেখিলো ( ৰণ্টু টায়ে)
ঙ/ চেনাই মই যাওঁ দেই ( অপূৰ্ব শৰ্মা)
চ/ এগৰাকী নাৰীৰ কথাৰে ( বিকাশ শৰ্মা)
ছ/ বাৰিষা ( ঝৰ্ণালী শৰ্মা বৰকটকী)
জ/ অপেক্ষা ( মিনাহাজুল আবেদিন)
ঝ/ উশাহৰ গোন্ধ ( কৃষ্ণমণি শইকীয়া)
ঞ/ বিলাপ ( অস্তৰাগ কাশ্যপ)
ট/ এটা দেওলগা প্ৰশ্ন ( অসমা তুংখুঙীয়া)
ঠ/ ভালপোৱা ( নীলাঞ্জনা গগৈ)
ড/ আন্ধাৰত পোহৰৰ বাট (মৌচুমী গগৈ)
ঢ/ কাকনো লওঁ সাৱটি (তপন দাস)
ণ/ অসম ভিত্তিত সদৌ অসম ছাত্ৰ সমাজে আয়োজন কৰা অসমীয়া সাহিত্য আৰু সাংবাদিকজগতৰ মহীৰূপ শ্ৰদ্ধাস্পদ হোমেন বৰগোহাঞি দেৱৰ সোঁৱৰণত অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাত স্থান প্ৰাপ্ত চাৰিটি কবিতা
৮/ অনুভৱঃ
ক/ শৈশৱৰ ধেমালি ( আশাজ্যোতি শইকীয়া)
খ/ নিসংগতা ( মৌচুম প্ৰিয়ম নাথ)
৯/ শিশু বিশেষঃ সেউজীয়া মনৰ আধাৰ ( ৰাাজশ্ৰী বৰা)
১০/ ভ্ৰমণ কাহিনীঃ ধনুষখোড়ী ৰামেশ্বৰম (শৰ্মীষ্ঠা বৰ্মন)
১১/ নীলা খামৰ চিঠিঃ জ্যোতিমণি শইকীয়া
১২/ কথোপকথনঃ শ্ৰী হিৰণ্য বৰা ( সাক্ষাৎত গ্ৰহণ অংকুৰ কলিতা)
১৩/ খুহুটীয়া গল্পঃ নবখুৰা আৰু আমি ( কৃষ্ণাময়ূৰী হাজৰিকা)
১৪/ ৰেচিপিঃ
ক/ গাজৰৰ পায়স ( গীতাশ্ৰী শইকীয়া )
১৫/ গল্পঃ
ক/ অপ্ৰাপ্তি ( পবিত্ৰ নাথ)
খ/ সন্তোষিত লোভ ( শ্যামলিমা কাকতি)
১৬/ আৰ্ট গেলাৰীঃ দীপজ্যোতি দাস, জ্যোতিষ্মান কাশ্যপ, বিতু খেৰীয়া, তাকি তৈয়াবা হুছেইন
১৭/ শেষ পৃষ্ঠাৰ লেখাঃ বিষ্ণু প্ৰসাদ ৰাভাৰ গীতত জাতীয় চেতনা ( পৰিণীতা কলিতা)।
পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ বিন্দী বৰ্মন (টিহু, নলবাৰী)
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।
পৃষ্ঠা ৬
সম্পাদকীয়ঃ
নিঃসংগতা
নিঃসংগতা মানুহৰ স্বাভাৱিক পৰিঘটনা। প্ৰতিজন মানুহেই জীৱনৰ কোনোবা সময়ত নিঃসংগ হৈ পৰে, নিঃসংগতাৰ সৈতে একাত্ম হ’বলৈ শিকে। যদিওবা নিঃসংগতা প্ৰকৃততে কোনেও বাঞ্ছা নকৰে।
কেতিয়াবা নিজকে প্ৰশ্ন কৰিবলৈ মন যায়— ‘আমি বাৰু নিঃসংগ হ’বলৈ ভয় কৰোঁ নেকি? নিঃসংগতাই আমাৰ জীৱনৰ সপোনবোৰ ভাঙি-চিঙি চূড়মাৰ কৰিব পাৰে নেকি?’
অলপ দ কৈ ভাবি চালেই দেখা যায় যে নিঃসংগতাৰ প্ৰতি থকা আমাৰ এই ধাৰণা সম্পূৰ্ণ শুদ্ধ নহয়। অৱশ্যে ব্যক্তি বিশেষে নিঃসংগতাৰ মাজত জীৱনৰ সকলো আশা-আকাংক্ষা হেৰুৱাই নিঃস্ব হোৱা উদাহৰণো নথকা নহয়। কিন্তু যি শক্তিশালী, যাৰ দৃষ্টিভংগী উচ্চ মানৰ, যাৰ সপোনে নিজৰ লগতে আনৰ জীৱনকো প্ৰতিনিধিত্ব কৰে তেনে লোকে নিঃসংগতাক লৈ কেতিয়াও ভীতিগ্ৰস্ত নহয়।
বহু ক্ষেত্ৰত দেখা যায়, নিঃসংগতাই সৃজনীশীল ক্ষমতাৰ আধাৰ। কোনোবাই সাহিত্যৰ জগতখনত বিচৰণ কৰি ফুৰিছে, কোনোবাই সংগীতৰ চৰ্চা কৰিছে, কোনোবাই চিত্ৰ অংকন কৰিছে একমাত্ৰ এই নিঃসংগতাৰ বাবেই।
নিঃসংগতাই আমাৰ জীৱনটোক নতুনকৈ পৰ্যবেক্ষণ কৰিবলৈ শিকায়। জীৱনৰ বাটত আমি লগ পোৱা প্ৰতিজন মানুহ, ঘটি যোৱা প্ৰতিটো ঘটনা-পৰিঘটনা, পাৰিপাৰ্শ্বিকতা আদিয়ে দি যোৱা অভিজ্ঞতাবোৰ সম্পৰ্কে চিন্তা-চৰ্চা কৰিবলৈ নিঃসংগতাই আমাক বাধ্য কৰে। আনহাতে জীৱনৰ এটি চৰম সত্য এয়া যে বাস্তৱত সংঘটিত যিকোনো এটি ঘটনা সম্পৰ্কত আমাৰ দৃষ্টিভংগী বাস্তৱতকৈও অধিক শক্তিশালী হয়।
এটি সৰু উদাহৰণ দিলে কথাখিনি স্পষ্ট হ’ব। ধৰা হ’ল, আমাৰ সন্মুখেৰে এজন মানুহ খোজ কাঢ়ি গৈ আছে। তেখেতে ৰাস্তাৰ দাঁতিত কোনো অজ্ঞাত কাৰণত থু পেলাই পুনৰ গৈ থাকিল। তাকে দেখি আমাৰ মনত দুই ধৰণৰ প্ৰতিক্ৰিয়া হ’ব পাৰে। এক, মানুহজনে আমাক দেখি থু পেলালে। তেওঁ আমাক অপমানিত কৰিলে। দুই, মানুহজনে স্বভাৱগতভাবে থু পেলাইছে, যিদৰে কেতিয়াবা মুখত কিবা অলাগতীয়াল বস্তু সোমালে মানুহে থু পেলায়।
এই দুই ধৰণৰ দৃষ্টিভংগীৰ ভিতৰত প্ৰথম দৃষ্টিভংগীয়ে মানুহক বৰ কষ্ট দিয়ে। এই দৃষ্টিভংগী ভয়ংকৰ তথা ধ্বংসকাৰী। আনহাতে দ্বিতীয় দৃষ্টিভংগীয়ে আমাক আগবাঢ়ি যোৱাত সহায় কৰে। মহামানৱ মহাত্মা গান্ধীয়ে এবাৰ তেওঁৰ আশ্ৰমত চুৰি কাৰ্য কৰা চোৰ এজনক আশ্ৰমলৈ মাতি আনি সেৱা-শুশ্ৰূষা কৰা কাহিনীটো আমি সকলোৱে পঢ়িছোঁ। এই ঘটনাৰ মূলতে আছিল মহাত্মা গান্ধীৰ দৃষ্টিভংগী। আনৰ দৃষ্টিত যি চোৰ, মহাত্মা গান্ধীৰ দৃষ্টিত সেই একেজন মানুহেই আছিল এজন অসহায়, দুৰ্বল, দুখীয়া লোক।
পাঠকে হয়তো ভাবিছে, নিঃসংগতা সম্পৰ্কে ক’বলৈ গৈ কিয় দৃষ্টিভংগী সম্পৰ্কে ইমানবোৰ উদাহৰণ? ইয়াৰ একমাত্ৰ কাৰণ- যি সময়ত মানুহ নিঃসংগ হৈ পৰে, তেতিয়াই তেওঁৰ অজ্ঞাতেই দৃষ্টিভংগীয়ে শক্তিশালী ৰূপ লয়। ধনাত্মক দৃষ্টিভংগীয়ে যিদৰে আমাৰ জীৱনটো সুন্দৰ কৰি তোলে একেদৰে ঋণাত্মক দৃষ্টিভংগীয়ে জীৱনটো দুৰ্বিসহ কৰি তোলে।
গতিকে আহকচোন, নিঃসংগ সময়বোৰত আমি অধিক সচেতন হওঁ, সকলোৰে প্ৰতি সদভাৱনা ৰাখি জীৱনটোক সুন্দৰকৈ সজাই তোলো।
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 9678696861
পৃষ্ঠা ৭
প্ৰৱন্ধঃ
পুখুৰী পুৰী গুৱাহাটী
প্ৰণৱ ফুকন
গুৱাহাটীৰ পুখুৰীবোৰে এই চহৰক এক অনন্য সৌন্দৰ্য্য প্ৰদান কৰে ৷ তদুপৰি পৰিবেশৰ শুদ্ধিকৰণৰ ক্ষেত্ৰতো জলাশয়সমূহে বৰঙনি যোগায় ৷ ইয়াৰে দুই-এটা পুখুৰীৰ পাৰবোৰ কিছু বছৰৰ পৰা ফুলনি আদিৰে জাতিষ্কাৰ কৰা হৈছে
গুৱাহাটী - পূৰ্বোত্তৰ ভাৰতৰ সৰ্ববৃহৎ এই নগৰী অসমৰ ৰাজনৈতিক ৰাজধানী তথা সমগ্ৰ অঞ্চলটোৰ ব্যৱসায়িক আৰু অৰ্থনৈতিক ৰাজধানীও ৷ গুৱাহাটীক আমি মন্দিৰ নগৰীও বুলিব পাৰোঁ ৷ কেৱল ইমানেই নহয়, গুৱাহাটী এখন পুখুৰীপুৰীও ৷ অনেক পুখুৰীয়ে এই চহৰৰ আকৰ্ষণ বঢ়াই তুলিছে ৷ ইয়াৰ সৰহ সংখ্যকৰ আঁৰত বুৰঞ্জী বা কোনো লোকগাথা লুকাই আছে ৷ আজি আমি এই পুখুৰীবোৰৰ বিষয়ে কিছু কথা ক’বলৈ চেষ্টা কৰিছোঁ ৷
গুৱাহাটী আৰু উত্তৰ গুৱাহাটীত পূৰ্বতে প্ৰায় তিনিশ মান পুখুৰী আছিল ৷ এই পুখুৰীবোৰ মূলতঃ জনসাধাৰণৰ খোৱা পানীৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৷ বৃটিছে অসম অধিকাৰ কৰাৰ পাছত এই পুখুৰীবোৰৰ পানী খোৱাৰ অযোগ্য বুলি পোতাই পেলায় ৷ কিছু-কিছু পুখুৰী মন্দিৰৰ ব্যৱহাৰৰ বাবেও খন্দোৱা হৈছিল ৷ এনে পুখুৰীবোৰৰ চৌপাশে মন্দিৰত বিভিন্ন বস্তু যোগান ধৰিবলৈ আৰু অন্যান্য খেতিৰ বাবে জনবসতি গঢ় লৈ উঠিছিল ৷ সেয়ে কামাখ্যা মন্দিৰ আৰু নীলাচল পাহাৰৰ আন মন্দিৰবোৰৰ বাবে গঢ় লৈ উঠিছিল মালিগাওঁ, আদাবাৰী, জালুকবাৰীৰ দৰে বিভিন্ন অঞ্চল ৷
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা শৰাইঘাটৰ দলং পাৰ হৈ গুৱাহাটীত প্ৰৱেশ কৰাৰ লগে লগে আমি দেখোঁ লাচিত বৰফুকনৰ মূ্ৰ্ত্তি ৷ তাৰ ঠিক পশ্চিম দিশত গুৱাহাটী বিশ্ববিদ্যালয়লৈ যোৱাৰ পথত আমি দেখোঁ দুই-এটা সৰু-সৰু পুখুৰী বা জলাশয়, যি আমাক মনত পেলাই দিয়ে সেই বিখ্যাত মোমাইকটা গড়ৰ কথা ৷ সেই গড়ৰে গড়খাৱৈৰ অংশবিশেষ হ’ল এই পুখুৰী আৰু জলাশয়বোৰ ৷ এই গড়খাৱৈৰ বাবেই ৰাজা ৰামসিংহৰ নেতৃত্বত অহা মোগল বাহিনীয়ে গড় ভেদিব নোৱাৰি নৌযুদ্ধ কৰিবলৈ বাধ্য হ’ল আৰু পৰাজিত হৈ আলাবৈৰ পাহাৰত কোঠ মাৰি দুবছৰ অপেক্ষা কৰি শেষত শৰাইঘাটৰ ৰণৰ পৰাজয়ৰ গ্লানিৰে উভতিব লগা হ’ল ৷
আমি গুৱাহাটী চহৰৰ দিশত অগ্ৰসৰ হৈ মালিগাঁও পাৰ হৈ নীলাচল পাহাৰৰ নামনিত উপস্থিত হৈ অধুনা কামাখ্যা গেট নামেৰে জনাজাত অঞ্চল পাওঁহি ৷ ইয়াতে আছে এসময়ৰ বিখ্যাত দূৰ্গা সৰোবৰ ৷ জনবিশ্বাস মতে নীলাচল পাহাৰৰ পৰা নামি আহি দেৱী দূৰ্গাই এই পুখুৰীতে স্নান কৰিছিলহি ৷ এই পুখুৰীৰ আন এটা নাম হ’ল গিৰিজা পুখুৰী ৷ দেৱী পাৰ্বতীৰ আন এটা নাম গিৰিজাৰে এই নাম হ’ল বুলি ভৱাৰ থল আছে ৷ অনেক দিন ধৰি এই পুখুৰীৰ চোৱা-চিতাৰ দায়িত্বত থকা ৺ গিৰিজা প্ৰসাদ শৰ্মাৰ নামেৰে এই নাম হ’ল বুলিও কোনোৱে ক’ব খোজে ৷ এসময়ত এই পুখুৰী আছিল বহু জলচৰ আৰু উভচৰ প্ৰাণীৰ ৰম্যভূমি। ইয়াত শুনা গৈছিল বহুতো পক্ষীৰ কল্লোল ৷ কিন্তু মানুহ নামৰ এবিধ প্ৰাণীৰ অগ্ৰাসনৰ ফলত আজি এই পুখুৰীৰ অৱস্থা মৃতপ্ৰায় ৷
নীলাচল পাহাৰৰ ওপৰত আছে আন এটি পুখুৰী ৷ অনেক কাছৰ বাসস্থান বাবে এই পুখুৰীৰ নাম হ’ল কাছ পুখুৰী ৷ এয়াৰ পাহাৰৰ মন্দিৰসমূহৰ আবেষ্টনীৰ মাজত শান্ত-সমাহিত কাছ পুখুৰী য’ত প্ৰতিটো কাছৰে নাম দিয়া হৈছে মোহন ৷ মোহন হ’ল শ্ৰীকৃষ্ণৰ আন এটা নাম আৰু এই শব্দৰ অৰ্থ হ’ল যাৰ আকৰ্ষণ কৰিব পৰা গুণ আছে ৷ সঁচাকৈয়ে এই কাছবোৰ অতি মোহনীয়। ইয়াৰে কিছুমান কাছৰ বয়স তিনিশ বছৰৰ কম নহ’ব ৷
ঐতিহাসিক ইটাখুলী পাহাৰ, যিটো পাহাৰ অধুনা শুক্ৰেশ্বৰ মন্দিৰৰ বাবে বিখ্যাত, নামনিত অৱস্থিত আৰক্ষী অধীক্ষককৰ বাসভৱনৰ আগত দেখা যায় এটি সুন্দৰ পুখুৰী ৷ এই পুখুৰীত অতি সুন্দৰ পদুম ফুল ফুলি থাকে বাবে সাধাৰণতে এই পুখুৰী পদুম পুখুৰী নামে জনা যায় ৷ ইয়াৰ ঐতিহাসিক নাম হ’ল মজিন্দাৰ পুখুৰী ৷ বৰ্ত্তমানৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ ঠাইত এসময়ত আছিল বৰফুকনৰ প্ৰধান উপদেষ্টা মজিন্দাৰ বৰুৱাৰ বাসভৱন ৷ লাচিত বৰফুকনৰ সহায়কাৰী মজিন্দাৰ বৰুৱাই এই পুখুৰী খন্দাইছিল বুলি কোৱা হয় ৷ আহোম সেনাৰ হাতীবোৰেও ইয়াত পানী খাইছিলহি আৰু হাতীশাল অনতি দূৰত থকাৰ বাবে কোনো কোনোৱে এই পুখুৰীক হাতীশাল পুখুৰী বুলিছিল ৷ মানুহৰ মুখত এই নাম হৈ পৰিছিল হাতীখাল পুখুৰী ৷
আন এটা পদুম পুখুৰী উজান বজাৰৰ উৰিয়া গাঁৱতো আছে ৷ অৱশ্যে এই পুখুৰীৰ বিষয়ে বিশদ একো জনা নাযায় ৷
মজিন্দাৰ পুখুৰীৰ পৰা অনতি দূৰত পানবজাৰ অঞ্চলত অৱস্থিত নাগ পোতা পুখুৰী ৷ মানুহৰ মুখত এই নাম হৈ পৰিছে নাক কটা পুখুৰী ৷ মধ্য যুগৰ পুখুৰী খন্দাৰ পদ্ধতিৰ অন্যতম আছিল নাগ পোতা ৷ পানীৰ উৎসৰ কাষতে এটা প্ৰকাণ্ড খুটা পোতা হৈছিল; খুটাৰ ওপৰৰ অংশত নাগ দেৱতাৰ প্ৰতিকৃতি খোদিত কৰা হৈছিল ৷ ইয়াকে নাগ পোতা বোলা হয় ৷
কমাৰপট্টী পুখুৰী আন এটা উল্লেখযোগ্য পুখুৰী ৷ আহোম-মোগলৰ সংঘৰ্ষৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ- শস্ত্ৰ নিৰ্মাণ কৰিবলৈ কমাৰসকলক আনি এই কমাৰপট্টীত বহুওৱা হৈছিল ৷ তেওঁলোকৰ পৰিয়ালৰ ব্যৱহাৰৰ বাবে এটা ডাঙৰ পুখুৰী খন্দোৱা হয় ৷ যিকোনো কাৰণতে নহওক কিয়, বৃটিছে এই পুখুৰী নোপোতালে আৰু আজিও এই পুখুৰীয়ে অঞ্চলটোৰ শোভাবৰ্ধন কৰি আছে৷
গুৱাহাটী চহৰৰ মাজ মজিয়াত অৱস্থিত দীঘলী পুখুৰী ৷ কামৰূপৰ প্ৰথম বুৰঞ্জীমূলক ৰজা নৰকাসুৰৰ পুত্ৰ ভগদত্তৰ ৰাজত্ব কালত নিজৰ জীয়েকৰ সয়ম্বৰ পাতে ৷ সয়ম্বৰলৈ অহা ৰজা, মহাৰজা, ৰাজকোঁৱৰসকলক পৰিষ্কাৰ খোৱা পানীৰ যোগান ধৰিবলৈ এই পুখুৰী খন্দা হৈছিল বুলি কিম্বদন্তী আছে ৷ পুখুৰীত কেতিয়াও যাতে পানী শুকাই নাযায়, তাৰ বাবে পুখুৰীৰ উত্তৰ পাৰে মাটিৰ তলেতলে ব্ৰহ্মপুত্ৰলৈ এক সংযোগৰ ব্যৱস্থা কৰা হৈছিল ৷ বৃটিছে অসম অধিকাৰ কৰাৰ পাছত এই সংযোগ বন্ধ কৰি তাৰ ওপৰত উচ্চ ন্যায়ালয়, আবৰ্ত ভৱন আদিৰ নিৰ্মাণ কৰায় ৷ সেইদৰে দক্ষিণ পাৰেও বৰচলা বিললৈ এক সংযোগ আছিল বুলি কোৱা হয় ৷ এই সংযোগৰ বাটো বন্ধ কৰি দিয়া হয় ৷ বৰ্ত্তমানৰ ৰেল ষ্টেচনৰ তলেদি এই সংযোগ আছিল বুলি কোনো কোনোৱে ক’ব খোজে ৷
দীঘলী পুখুৰীৰ পৰা আৰু কিছু দূৰ গ’লেই আমি পাওঁ যোৰ পুখুৰী, যাৰ নামেই বুজাই দিয়ে যে ই দুটা পুখুৰীৰ সমষ্টি ৷ যোৰ পুখুৰীয়ে আমাক আমাৰ শৈশৱলৈ লৈ যায়, যেতিয়া আমি পঢ়িছিলোঁ: “বুবুৰ এজনী আছিল ৰাজহাঁহ, যোৰ পুখুৰীত চৰে” ৷ আহোম স্বৰ্গদেউ শিৱ সিংহই (ৰাজত্বকাল: ১৭১৪-ৰ পৰা ১৭৪৪ খ্ৰীষ্টাব্দলৈকে) উগ্ৰতাৰা দেৱীৰ মন্দিৰ নিৰ্মাণ কৰাই কাষত পুখুৰী খন্দায় ৷ পূৰ্বতে ইয়াত এটা মাত্ৰ পুখুৰী আছিল ৷ এই পুখূৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীলৈ নাও চলিব পৰাকৈ খন্দোৱা হৈছিল নাওজান ৷ স্বৰ্গদেউ বা আন বিষয়াসকল এই পুখুৰীতে নাৱত উঠি নদীলে যাব পাৰিছিল ৷ তদুপৰি ৰণত ক্ষতিগ্ৰস্ত হোৱা নাও এই জানেৰে আনি মেৰামতি কৰি পুনৰ নদীলে পঠোৱা হৈছিল ৷ বৃটিছে নাওজান পুতি পুখুৰীৰ মাজেদি পথ নিৰ্মাণ কৰায়; এই পথ আজিও নাওজান পথ নামে জনাজাত ৷ আহোমৰ নাওজান হৈ পৰিল এক নৰ্দমা মাত্ৰ ৷ নাওজান পথৰ ফলত পুখুৰী দ্বিধাবিভক্ত হৈ পৰে যোৰ পুখুৰী ৷ এই পুখুৰীৰ এটা অংশৰ ম্ৰিয়মান অৱস্থা দেখি মনত বৰ দুখ পোৱা যায় ৷ মানুহৰ অবাধ জল- নিষ্কাষনৰ পৰিণাম এইয়া৷
চিত্ৰাচল পাহাৰত আছে নৱগ্ৰহ মন্দিৰ ৷ ইয়াৰ কাষত থকা শ্মশান গুৱাহাটীৰ মুখ্য শ্মশানভূমি৷ এই পাহাৰতে আছে এটা সৰু পুখুৰী। নাম শকুন্তলা পুখুৰী ৷ এই পুখুৰীৰ নাম কিয় শকুন্তলা পুখুৰী হ’ল, সেইয়া আমাৰ জ্ঞাত নহয় ৷ কন্নাচল অঞ্চলত আছে আন এটা পদুম পুখুৰী ৷ এই পুখুৰীৰ ইতিবৃত্ত লাভ কৰাও সহজসাধ্য নহয় ৷
নৱগ্ৰহ মন্দিৰৰ বিগ্ৰহসমূহৰ স্নানৰ পানীৰ বাবে খন্দোৱা হৈছিল এটা ন-কোণীয়া পুখূৰী ৷ এই পুখুৰীৰ পাৰবোৰ শিলেৰে বন্ধোৱা হৈছিল ৷ সেয়ে এই পুখুৰী মানুহৰ মাজত শিল পুখুৰী নামে জনাজাত হ’ল ৷
গুৱাহাটী- শ্বিলং পথ এৰাই পল্টন বজাৰ আৰক্ষী থানাৰ আগেদি কিছু দূৰ গ’লে এটা সুদৃশ্য পুখুৰী দেখা যায় ৷ পল্টন পুখুৰী নামে জনাজাত এই পুখুৰী সেই অঞ্চলত পানীৰ যোগান ধৰিবলৈ খন্দোৱা হৈছিল ৷
গুৱাহাটীৰ পুখুৰীবোৰে এই চহৰক এক অনন্য সৌন্দৰ্য্য প্ৰদান কৰে ৷ তদুপৰি পৰিবেশৰ শুদ্ধিকৰণৰ ক্ষেত্ৰতো জলাশয়সমূহে বৰঙনি যোগায় ৷ ইয়াৰে দুই-এটা পুখুৰীৰ পাৰবোৰ কিছু বছৰৰ পৰা ফুলনি আদিৰে জাতিষ্কাৰ কৰা হৈছে ৷ অৱশ্যে ডেকা ল’ৰাৰ বাবে দীঘলী পুখুৰী সদায় ৰঙচঙীয়া ফুলেৰে জাতিষ্কাৰ; কাৰণ ইয়াৰ পাৰত আছে এখন ছোৱালী মহাবিদ্যালয় আৰু চাৰিটাকৈ ছাত্ৰীনিবাস ৷ এটাই মাথোঁ অসুবিধা: দেৱী দৰ্শনৰ বাবে ৰৈ থাকোঁতে গছৰ ওপৰৰ পৰা কাউৰীবিলাকে মূৰত অবাঞ্চিত নিৰ্মালী দি যায় ৷
পৃষ্ঠা ৮
আনুষ্ঠানিক শিক্ষাৰ অবিহনেই প্রায় সাতখনকৈ গ্ৰন্থ প্ৰণেতা দৰঙৰ বিশিষ্ট সাহিত্যিক যতীন কুমাৰদেৱৰ বর্ণিল জীৱন গাথা
অজয় বৰুৱা
দৰং, ভ্ৰাম্যঃ 9707730427।
"জীৱনক কেতিয়াও ভয় নকৰিবা, জীৱনক জীয়াই ৰাখিব পাৰিম বুলি বিশ্বাস ৰাখা।।এই বিশ্বাসে তোমাক উন্নতিৰ পথত আগুৱাই লৈ যাব।" (উইলিয়াম জেমছ) । সমস্যাৰ মাজত জীয়াই থাকি, বাহ্যিক নানানটা, ঘাত-প্রতিঘাত সহ্য কৰি, ঠাট্টা-মস্কৰা হজম কৰি জীৱনৰ ইস্পিত লক্ষ্যত উপনীত হ'ব পৰাটো জীৱনৰ এক কলা। জীৱনত পৰিপূর্ণ ৰূপত জীয়াই থাকিবলৈ মানুহক প্রয়োজন হয় আৱেগ- অনুভূতি, অভিজ্ঞতা। "অলংকাৰ নহয় আমি সম্পদ হ'বলৈ যত্ন কৰা উচিত।" মানুহৰ ইচ্ছা শক্তি, অদম্য হেঁপাহ, ধৈর্য একাগ্ৰতা থাকিলে সকলো কাম সম্ভৱ।অসম্ভৱ বুলি একোৱেই নাথাকে এই পৃথিৱীত। সংসাৰত দুখ, ঘাত-সংঘাতৰ ওচৰত দুৰ্বল নহৈ সাহস আৰু সততাৰে যুঁজ দি সফলতাৰ শীৰ্ষত উপনীত হোৱা এক ব্যক্তি, এক যুঁজাৰু, যুৱ প্রজন্মৰ আদৰ্শ আৰু প্রেৰণা দৰঙ জিলাৰ তিতকুছি গাঁৱৰ বিশিষ্ট সাহিত্যিক যতীন কুমাৰদেৱ। আজিৰ আধুনিক জগতখনত ন-ন প্ৰতিভাৰ লোকে জগতখনক ঠেক কৰি আনিছে। বিশ্ব দৰবাৰত মানুহে হ'ল আটাইতকৈ বিচিত্ৰ প্ৰানী। এই বিচিত্ৰৰ ভিতৰতো যে আৰু বহু বিচিত্ৰ লোক আছে যাৰ ব্যতিক্ৰমী চিন্তাধাৰাৰে পাৰ কৰা জীৱন গাথা সীমাহীন আর্চয্যৰে ভৰপূৰ।তেনে ব্যতিক্ৰম ,বিৰল প্রতিভা ধাৰী এক ব্যক্তি যতীন কুমাৰ দেৱ। যাৰ প্ৰতিভা বা তেওঁৰ প্ৰতিভাৰ ৰেকৰ্ড জীৱনত কোনেও কেতিয়াও ভাঙিব নোৱাৰে।
'জীৱন' শব্দটোৱেই এটা কৌতুহল থকা শব্দ। প্ৰকৃত কোনো সংজ্ঞাৰেই সাংজ্ঞায়িত কৰিব নোৱাৰিক জীৱনক।জীৱনৰ অনেক ৰূপ। সময় সাপেক্ষে , জাতি -ধৰ্ম বিশেষে জীৱনৰ পৰিভাষা বেলেগ বেলেগ। সেয়ে জীৱন বিচিত্র। যতীন কুমাৰ এজন প্রচাৰ বিমুখ, কিন্তু প্রতিভাধাৰী ব্যক্তি। আজিৰ তাৰিখত তেওঁক কিমান জনে জানে ?কিমানে বুজে তেওঁৰ কৰুণ জীৱন গাথা। কেইজনে তেওঁৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ আগবাঢ়ি আহিল ?ভোগ-লালসা, ঈৰ্ষা, নিন্দাৰে পৰিবেষ্টিত হৈ আনৰ পুতৌৰ পাতাল, অৱহেলা চকুৰে পাৰ কৰিলে জীৱনৰ সময়বোৰ।অসমৰ এই অমূল্য সম্পদ পদক কি চৰকাৰ কি সমাজ, গাঁৱে কোনেও গুৰুত্ব নিদিলে ।ইয়াৰ মূল কাৰণ হয়টো দৰিদ্রতা।।দৰিদ্রতাই কোঙা কৰা এই বিশেষ প্ৰতিভাৰ ব্যক্তিজন এক/ ডেৰ বছৰ বয়সতে পিতৃ হাৰা হয়। ছয় বছৰমান বয়সলৈ মাকে চাউল খুজি এসাজ খাই দু-সাজ লঘোণে ৰাখি ছয় বছৰ বয়সতে আনৰ ঘৰত গৰু চৰাবলৈ থৈছিল। গোহালি ঘৰৰ পৰাই জীৱনৰ প্ৰথম খোজ আৰাম্ভ হ'ল যতীন কুমাৰৰ। গোহালিৰ ঘৰৰ পৰাই ক্রমাৎ বিচিত্ৰ কৰ্মৰ দিশে গতি কৰিলে তেওঁ। যি সময়ত এটি শিশুয়ে পঢ়াৰ আৰাম্ভ কৰিব লাগিছিল সমনীয়াৰ সতে খেলা-ধূলা কৰি আপোন পাহৰা হ'ব লাগিছিল। সেই সময়ত যতীন কুমাৰ দেৱে গোহালি ঘৰৰ পৰা জীৱন উত্তোৰণ ঘটাব লগা হৈছিল। যি সময়ত বিদ্যালয়ত নাম ভৰ্তি কৰাব লাগিছিল সেই সময়ত যতীন কুমাৰ দেৱ থাকিব লগীয়া হৈছিল আনৰ ঘৰত গৰু ৰখীয়া হৈ। দৰঙৰ ছিপাঝাৰৰ পিপিৰা -কুছি নামৰ এখন গাঁৱৰ এজন জমিদাৰি পৰিয়ালত যতীনে গৰু ৰখীয়া হৈ থাকিছিল যদিও ভিতৰি ভিতৰি যতীনৰ স্কুলক যোৱা বা পঢ়াৰ প্ৰতি প্ৰৱল হেঁপাহ গুপুতে ৰাখিছিল। সেই জমিদাৰি পৰিয়ালটোত দিনৰ ভাগত অনেক কাম-বন কৰাৰ পিছতো নিশা হ'লেই জমিদাৰৰ ল'ৰা-ছোৱালী কেইটাৰ আল-পৈচান ধৰিব লাগিছিল আৰু পঢ়িব ধৰিলে বিচি দিব লাগিছিল। মাৰিব লাগিছিল ইটো সিটো আব্দাৰ, যোগান ধৰিব লাগিল সমস্ত। যতীন কুমাৰে সেইবোৰ কাম কৰি বেজাৰ পোৱাৰ সলনি আনন্দহে অনুভৱ কৰিছিল। কাৰণ সিহঁতে কেনেকৈ পঢ়ে, কেনেকৈ লিখে সেইবোৰ চোৱা আৰু শিকাৰ অদম্য হেঁপাহ জন্মিছিল আৰু কিবা কৰি দিয়াৰ চলেৰে কাষ চাপি কিতাপ-পত্র, বহী, দেখাৰ লগতে কেনেকৈ পঢ়ে, কি পঢ়ে সকলো বুজিব পাৰিছিল। ( যতীন কুমাৰৰ এখন ডায়েৰীত উল্লেখ কৰা মতে) জমিদাৰৰ ল'ৰা ছোৱালীয়ে চাকৰ বোৰক বৰ ঘিণ কৰিছিল। চাকৰবোৰৰ গা স্পৰ্শ হ'লেও চুৱা লগা বুলি ভাবিছিল। সেয়ে পঢ়ি থাকিলেও বেছি ওচৰত গৈ আখৰ চাব পৰা নাছিল । পঢ়িব পৰা নাছিল।
প্ৰায় তিনিবছৰ জমিদাৰৰ ঘৰত কটোৱাৰ পিচত যতীনে তেওঁলোকৰ পৰা বিদায় লৈছিল। তেওঁৰ ডায়েৰীত উল্লেখ কৰা মতে জমিদাৰৰ ঘৰৰ পৰা এজন চাকৰক বিদায় দিয়া মূহুৰ্ততো এক উল্লেখনীয়া দিন আছিল । এদিন এক আকস্মিক ঘটনাক্ৰমে শ্ৰীকুমাৰদেৱক সেই পৰিয়ালটিয়ে নকৈ আৱিস্কাৰ কৰিছিল। আৰু তিনি বছৰে যতীনক কৰা ব্যৱহাৰ, অৱহেলাৰ বাবে জমিদাৰৰ পৰিয়ালে লজ্জা অনুভৱ কৰাৰ লগতে ক্ষমাও বিচাৰিছিল। কুমাৰ দেৱে হৃদয় মনত সাহসলৈ জীৱন যুঁজত আগবাঢ়ি গৈ থাকিল। তেওঁ নিজক বুজনি দিছিল "সমস্যাৰ মাজেদি জীয়াই থাকি বাহ্যিক নানানটা ঠাট্টা মস্কৰা হজম কৰি জীৱনৰ ইস্পিত লক্ষ্যত উপনীত হ'ব পৰাটোহে আচল কথা। ব্যক্তিগতভাৱে আমি জীৱনতো প্ৰতিদিনেই অনুভৱ কৰো নিত্য নতুন প্ৰত্যাহ্বান। জমিদাৰৰ ঘৰৰ পৰা বিদায় লোৱাৰ ১৫/২০দিন পিচতে এজন আৰক্ষী বিষয়াৰ ভাত ৰান্ধনি হিচাপে থাকিব লগীয়া হ'ল যতীন কুমাৰ । জীয়াই থকাৰ তাড়ণাত জীৱনৰ সকলো সপোন, ৰং সামৰি মানুহৰ ঘৰে ঘৰে এনেদৰে অতিবাহিত কৰিব লগীয়া হৈছিল তেওঁ। আৰক্ষী বিষয়া জনে তেওঁৰ জীৱনটোকে দূৰূহ কৰি পেলাইছিল। প্ৰায় এটা দশক বিভিন্ন প্ৰলোভন দেখুৱাই এটকাও দৰমহা নিদিকৈ ৰাখিছিল । লংকেশ্বৰ মেধি নামৰ সেই পুলিচ বিষয়া জনৰ লগত ১৯৮০ পৰা ১৯৯০ লৈ দীৰ্ঘ সময় বিনা বেটনে কটাই যৌৱন কালত দিশহাৰা হৈ ঘৰলৈ উভতি আহে। যতীনে লংকেশ্বৰ মেধিৰ লগত দৰং জিলাৰ কেবাখনো থানাত ঘুৰিব লগা হৈছিল।
যিহেতুকে যতীনৰ পঢ়া আৰু শিকাৰ ধাউতি মনৰ পৰা একেবাৰেই গুচা নাছিল কিন্তু পঢ়া সুবিধা ক'তো কৰিব নোৱাৰি গোঁজৰি -গোমৰি আছিল মনটো। তেওঁ পেলনীয়া কাগজ, দোকানবোৰত আঁৰি থোৱা বেনাৰৰ আখৰলৈ লক্ষ্য কৰি পঢ়িব যত্ন কৰিলে। বেনাৰবোৰৰ ওচৰলৈ গৈ ভৰিৰ বুঢ়া আঙুলিৰে আখৰবোৰৰ ভাজ দিবলৈ শিকিলে। ৰাস্তা বা দোকানৰ আগত হাতেৰে লিখা সম্ভৱ নহয় বাবেই কাৰোবাৰ লগত কথা পাতি থাকিও ভৰিৰে লিখাৰ চেষ্টা কৰে আৰু ঘৰত আহি হাতেৰে ভাজ দিব চেষ্টা কৰে। দুবছৰ মানৰ ভিতৰত যতীনে অসমীয়া আখৰ কেইটা শিকিলে যদিও আখৰ কেইটাৰ নাম জনাৰ উপায় বিচাৰি পোৱা নাছিল। এদিন হঠাতে এজন বন্ধুক সুধিলে "অমুকৰ জোতাৰ দোকান খনৰ কাষৰ দোকান খনৰ নাম কি ? "
বন্ধুজনে যেতিয়া ক'লে "সেইখন অসমী ষ্টোৰ"।তেতিয়াই যতীনে বুজিলে যে "প্ৰথম আখৰতো "অ" । এয়ে কুমাৰ দেৱৰ শিকাৰ আৰাম্ভণি। বহু বন্ধুক এনেদৰে কৌশলেৰে দোকানৰ নাম সুধি, বেনাৰৰ নাম সুধি অসমীয়া আখৰ বানান সলসলীয়াকৈ মাতিব লিখিব পৰা হ'ল। ১৯৯৯ চনৰ শেষ ভাগত যতীনৰ আৰ্থিক অৱস্থা অতি শোচনীয় হ'ল। ইতিমধ্যে ১৯৯৩ চনত তেওঁ বিবাহ পাশাত বন্দী হৈছিল। আৰ্থিক পংগুতাই জীৱনৰ প্ৰতি অনিহা আনিলে। ঘনে ঘনে পুলিচ "লংকেশ্বৰ মেধি" য়ে কৰা প্রতাৰণাই বিৰক্তি আৰু তিক্ততাই মন মগজু উৎত্তেজিত কৰি তুলিলে। সেয়ে জীৱন সামৰাৰ সিদ্ধান্ত ল'লে। কিন্তু কি কাৰণত জীৱন সামৰিব সেই কথা লংকেশ্বৰ মেধিয়ে জানিবটো লাগিব , সেয়ে মেধিলৈ এখন দীঘলীয়া পত্ৰ লিখিলে, কিন্তু পত্ৰখন দিয়ে কেনেকৈ ? বহু চিন্তা কৰি পত্ৰখন স্বনামধন্য সাহিত্যিক তথা তেতিয়াৰ আমাৰ অসম কাকতৰ সম্পাদক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱলৈ প্ৰেৰণ কৰিলে। শ্ৰদ্ধাৰ বৰগোহাঞিদেৱে পত্ৰখনৰ গুৰুত্ব বুজি তেওঁৰ কাকতত সম্পাদকীয় পৃষ্ঠাত "হাতৰ আখৰৰ মূল্য ন বছৰ" নামেৰে ২০০০চনৰ ৮ জানুৱাৰীত হুবহু প্ৰকাশ কৰিছিল। নিজৰ হাতৰ আখৰ চপা আকাৰত দেখি শ্ৰী কুমাৰৰ আনন্দৰ বাকী নাই। তেওঁ যেন সাহস আৰু আত্মবিশ্বাস ঘুৰি আহিল। সেই তেতিয়া সেই অঞ্চলত বাতৰিত নাম উঠা বা লেখামেলা কৰা লোক প্ৰায় দুই এজনহে আছিল। সেইবোৰ গৌৰৱে শ্ৰী কুমাৰৰ আত্মহত্যাৰ কথা পাহৰাই পেলালে আৰু লেখা মেলাৰ আনন্দই এক নতুন জীৱন দিলে। তেতিয়াৰ পৰা আজিলৈ লেখা মেলাৰ বেলিকা যতীন কুমাৰদেৱে পিচলৈ চোৱা নাই। তেওঁ ভাবিলে "জীৱনত ধন ঘটাটোৱে একমাত্ৰ কাম্য হ'ব নোৱাৰে, মানুহ হৈ থাকিব পৰাটোহে আচল কথা। নিজে কিছুমান সুখ-সুবিধা আহৰণ কৰিব পাৰি তাৰ চিন্তাত থকাতকৈ আনৰ বাবে কিমানখিনি কৰিব পাৰি তাৰ চিন্তাও কৰিব পাৰিব লাগিব।" তেওঁ হাতত কলম তুলি ল'লে আৰু আমাৰ অসম, এদিনৰ সংবাদ, নিয়মীয়া বাৰ্তা, শ্ৰীময়ী আদিত ধাৰাবাহিক লিখি যাবলৈ ধৰিলে। ২০০২ চনত শ্ৰী কুমাৰদেৱৰ প্ৰথমখন উপন্যাস প্ৰকাশ হয়। তেওঁৰে বাল্য বন্ধু ৰতন মোহন কাকতি দেৱৰ সহযোগত "একেবাৰে নদী পাৰ কৰি থৈ আহিছোঁ" । উপন্যাসখন উন্মোচন কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপক ড°এ কে চৌধুৰী দেৱে । ২০০৫চনত অসম সাহিত্য সভাৰ ছিপাঝাৰ অধিবেশনত দ্বিতীয়খন উপন্যাস, মঙলদৈ সাঁচি পাতে প্ৰকাশ কৰে। কিতাপখনৰ নাম আছিল "মৰুভূমিত দুনিশা" । উন্মোচন কৰে ঢকুৱাখানা মহাবিদ্যালয়ৰ অধ্যাপক এজনে। এনেদৰে জীৱনটোক প্ৰত্যাহ্বান জনাই জীয়াই থাকি সাহিত্যৰ পথাৰখনত খোপনি পুতিবলৈ ধৰিলে কুমাৰ দেৱে।তেওঁ বিশ্বাস কৰিছিল জীৱনটো কামৰ সমষ্টি সেয়ে ভাল বা বেয়া কামেই হওক। ভাল কামৰ দ্বাৰা জীৱনৰ সময়বোৰ সজালে জীৱন উপভোগ্য হয় আৰু বেয়াৰ দ্বাৰা পৰিচালিত হ'লে জীৱন বিষময় হয়।
২০১৩ চনত কুমাৰৰ দ্বাৰা লিখিত তিনিখন গ্ৰন্থ একেদিনাই প্ৰকাশ কৰি জিলাৰ লগতে ৰাজ্যবাসীৰ দৃষ্টি কপালত উঠাই। বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে উন্মোচন কৰা "পোহৰৰ শেষ হাঁহি" নামৰ কবিতা পুথিখন সমাদৰ লাভ কৰে। দৰং আৰু ওদালগুৰি জিলাৰ নিৰ্বাচিত কবি সকলৰ চমু জীৱনী সামৰি "কবিকন্ঠ" নামেৰে এখন বৃহৎ আকাৰৰ পুথি উন্মোচন কৰে বিশিষ্ট লেখক প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকাৰ দেৱে। আন এখন জনপ্ৰিয় শিশু পুথি "মই দিছোঁ তুমি লোৱা" উন্মোচন কৰে মঙলদৈ মহাবিদ্যালয়ৰ তেতিয়াৰ অধ্যক্ষ ভাৰত ভূষণ মহন্ত'ই । ২০১৮ চনত কুমাৰৰ আন এখন সামাজিক মাধ্যমত অতি জনপ্ৰিয় হৈ পৰা উপন্যাস " অস্তমিত সূৰ্যৰ আভা" কুমাৰ দেৱৰ সাহিত্য কীৰ্তিৰ অন্যতম অৱদান।ছিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰামচন্দ্ৰ ডেকাই উন্মোচন কৰা এই গ্ৰন্থখনে তেওঁক আৰু এখোপ আগুৱাই লৈ যায়। কিছুদিন পিছতে প্ৰতিদিন টাইমত নিতুমনি শইকীয়াৰ সৈতে প্ৰায় ডেৰ ঘণ্টা ধৰি এটি ট'ক চ' কৰে।২০২০চনৰ শেষৰ ফালে আন দুখন গ্ৰন্থ প্ৰকাশ পায় । দৰং জিলা শ্ৰীমন্ত শংকৰ সংঘই প্ৰকাশ কৰা "এখন ডায়েৰীৰ নিষিদ্ধ পৃষ্ঠা" কুমাৰৰ জীৱনভিত্তিক উপন্যাস। উপন্যাসখন উন্মোচন কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা পবিত্ৰ কুমাৰ শৰ্মা'ই। মঙলদৈ প্ৰেছ ক্লাৱে প্ৰকাশ কৰা আনখন গ্ৰন্থ " ভিন্নসুৰী এছ , এম, এছ বাৰ্তা " সাহিত্য জগতত সম্পূৰ্ণ ব্যতিত্ৰুমী গ্ৰন্থ। এই বাৰ্তাখন উন্মোচন কৰে মংগলদৈ প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল খালেকে।
শ্ৰী কুমাৰে ২০১৬ চনত অসম প্ৰগতিশীল গ্ৰামীণ বিকাশ সংঘৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া বাৰ্তালোচনী "ৰেঙনি" ৰ সম্পাদকৰ দায়ীত্ব লয়।
এদিনৰ বাবেও বিদ্যালয় গৰকী নোপোৱা এজন ব্যক্তিৰ ইমান প্ৰতিভা কল্পনাৰো অতীত। মানুহৰ জীৱনটো ভগৱানৰ এক অমূল্য উপহাৰ। সৰু ডাঙৰ বুলি কথা নাই। মানুহ মানেই নিজৰ জীৱনক উদযাপন কৰাৰ অধিকাৰ আছে নিজা স্থানত, নৈতিকভাৱে বলী হৈ সজ আচৰণ, সৰলতাৰে। এই আদৰ্শ, লক্ষ্য আগত ৰাখি তেওঁ সদায় আগবাঢ়ি গৈছিল। একলব্যই গুৰুৰ ছবি সন্মুখত ৰাখি বিদ্যা অৰ্জন কৰিছিল, কিন্তু যতীন কুমাৰ সেইকন সুবিধাৰ পৰাও বঞ্চিত।
জানিব পৰা মতে ২০০২ চনত আমাৰ অসম কাকত যোগে শ্ৰী কুমাৰে প্ৰত্যাহ্বান জনাই লিখিছিল "মোক কোনোবাই এটা আখৰো শিকাই দিয়া লোক এজনো ওলাব নেকি।" এই বিষয়ে বিস্তাৰে আৰু স্পষ্টকৈ লিখা আছে তেওঁৰ ডায়েৰীটো।
সাহিত্যৰ বহুধা প্ৰতিভা লৈ অহা শ্ৰীকুমাৰে নৱপ্ৰজন্মৰ কন্ঠত নিগৰাইছে অনেক গীত। ৰচনা সুৰ নিজে কৰে। দৰঙৰে সন্তান বিক্ৰম বৰুৱাৰ কন্ঠত প্ৰাণ পাই উঠিছে কুমাৰৰ স্বৰচিত অনেক গীত। সৰু বৰ সকলোকে সমান দেখা কুমাৰ দেৱে কেবাটাও সন্মান বুটলাৰ লগতে এই বেলি অসম চৰকাৰৰ ভাষা গৌৰৱ আচনিত নিৰ্বাচিত হৈ মুখ্য মন্ত্ৰীৰ সম্বৰ্ধানা গ্ৰহণ কৰে। এইগৰাকী গুৰু নোহোৱা পণ্ডিতলৈ দৰং জিলা সাহিত্য সভাই ২০১৩ চনত দৰং আৰু ওদালগুৰি জিলাৰ শতিকাটোৰ এজন বিশেষ ব্যক্তি বুলি ৰাজহুৱা ঘোষণা কৰে। ২০১৪ চনত শ্ৰী কুমাৰক দৰং জিলা আৰু দুনী শাখা সাহিত্য সভাৰ লগতে কেইটামান শাখাই মিলি "প্ৰেৰণাশ্ৰী" উপাধি প্ৰদান কৰে। ২০১২ চনত "উত্তৰ পূৰ্বাঞ্চলৰ এক হাজাৰ কবি'' ৰ মাজত স্থান লাভ কৰে। একে বৰ্ষতে ধুবুৰীত "শ্ৰমিক বঁটা'ও লাভ কৰে। এইজন প্রচাৰ বিমুখ একলব্যলৈ আমাৰ হাজাৰ হাজাৰ চালাম।
কাংক্ষিত জীৱিকাৰ সন্ধানত জীৱনৰ সমস্ত ৰং এক কৰি দিয়া, শৈশৱ, যৌৱন জলাঞ্জলি দিয়া শ্রীকুমাৰদেৱে অসম চৰকাৰ আৰু জনসাধাৰণলৈ অনুৰোধ জনাইছে তেওঁৰ আৰ্থিক অৱস্থা এতিয়াও পুতৌ লগা। দৰঙৰে বুঢ়া আৰক্ষী চকীৰ সন্মুখতে ৰাস্তাৰ দাতিত এখন সৰুকৈ চাহ দোকান দি চাৰিটি পৰিয়ালে এসাজ খাই এসাজ লঘোণে কটাই আছে। সেয়ে এই বিশাল প্রতিভাৰে প্ৰতিভূ গৰাকী জনক আৰ্থিক দিশত সহায় আগবঢ়ালে তেওঁ সাহিত্য জগতলৈ আৰু অনেক উপহাৰ তথা সাহিত্যৰ ভঁৰাল আৰু চহকী কৰিব পাৰিব।
বর্তামান শাৰীৰিক ভাৱে অসুস্থ ব্যক্তিজনে ব্যক্তিগত জীৱনৰ নানা ঘাত-প্রতিঘাত নেওচি, নিজৰ শোক-দুখ কেতিয়াও আনৰ আগত প্রকাশ নকৰি নিৰলসভাৱে সাহিত্যৰ পথাৰখনত কাম কৰি যোৱা এই ব্যক্তিজনাক আহক সকলোৱে কিবা সহায়ৰ হাত আগবঢ়াওঁ। তেওঁ যাতে জীৱন যুদ্ধত জয়ী হ'ব পৰাকৈ মানসিক শক্তি পায়।
(বি:দ্র:তেখেতলৈ কোনোবা সুহৃদে সহায় আগবঢ়াব বিচাৰিলে এই নাম্বাৰত যেন যোগাযোগ কৰে 98592 02818/9707730427)।
পৃষ্ঠাঃ ৯
কৰ'না মহামাৰী আৰু অনলাইন শিক্ষা ব্যৱস্থা
অমৰ জ্যোতি ৰাজবংশী
দৰং
কৰ'না ভাইৰাচ হৈছে এবিধ ভাইৰাচ জনিত ৰোগ। যি বৰ্তমান বিশ্বব্যাপি এক মহামাৰীৰ ৰূপ লৈ ত্ৰাসৰ সৃষ্টি কৰিছে। । ২০১৯চনৰ নবেম্বৰ মাহত চীনৰ হুবেই প্ৰদেশৰ য়ুহান চহৰৰ পৰা এই ৰোগৰ সংক্ৰমণ হয় ৷ এই মহামাৰীয়ে খুব কম সময়তে সমগ্ৰ বিশ্বকে সাঙুৰি লয় । ভাৰতবৰ্ষত ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পৰাই এই ৰোগৰ সংক্ৰমণ হয়৷ ইয়াৰ পৰিপেক্ষিতত বিশ্ব জগতত বিভিন্ন কাম কাজত ব্যাঘাত জন্মে ৷ বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক দিশত বহু ক্ষতিগ্ৰস্ত হৈছে। ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পৰা আগষ্ট মাহলৈ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ বন্ধ হোৱাৰ কাৰণে শিক্ষাৰ পৰিবেশ বিছিন্ন হৈছে ।
চলিত বৰ্ষটো এপ্ৰিল মাহৰ পৰাই শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ আছে । বিশ্বৰ উন্নত দেশ সমূহত ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক দিশ ধাৰাবাহিক হিচাপে ৰাখিবৰ বাবে অনলাইন শিক্ষা ব্যৱস্থা কৰিছে। সেই দেশ সমূহৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উন্নত যাৰ বাবে এই অনলাইন শিক্ষা ব্যৱস্থাই সাৰ্থকতা লাভ কৰিছে ।
ভাৰতবৰ্ষটো ছাত্ৰ -ছাত্ৰী সকলৰ কাৰনে অনলাইন শিক্ষা ব্যৱস্থা কৰিছে । ভাৰত এখন উন্নয়নশীল দেশ। গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰত ভাৰত এতিয়াও বিশেষ ভাবে আগবঢ়া নহয় । ফলত এই অনলাইন শিক্ষা ব্যৱস্থা সঠিক ভাবে আগুৱাই নিব পৰা নাই। ভাৰতবৰ্ষৰ গৰিষ্ঠ সংখ্যক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে বাবে তেওঁলোকে অন্ন , বস্ত্ৰ, বাসস্থান আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । সেয়েহে দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহু শিক্ষাৰ্থীৰ অভিভাবক সকলে নিজৰ সন্তানক এটা স্মাৰ্ট ফোন দিব নোবাৰে বা কিছুমান লোকে এই স্মাৰ্ট ফোন ব্যৱহাৰ বিষয়ে নাজানেই । আকৌ কিছুমান অঞ্চলত বিদ্যুৎতৰ লুকা - ভাকু ,নেটৱৰ্কৰ সমস্যা আদিৰ কাৰণে কৰ'না মহামাৰী সময়ত অনলাইন শিক্ষা ব্যৱস্থা এশ শতাংশ সফল হ'ব পৰা নাই । তথাপিও এই দুৰ্যোগৰ সময়ত এই অনলাইন শিক্ষা ব্যৱস্থাই কিছু পৰিমাণে শিক্ষাৰ্থী সকলৰ মাজত পাঠ্যপুথিৰ লগত সম্পৰ্ক বজাই ৰাখিব পাৰিছে। কিন্তু কিছু ছাত্ৰ ছাত্ৰী এতিয়াও অনলাইন শিক্ষাপৰা আঁতৰি থাকি সিহঁতে খেল ধেমালি , মনোৰঞ্জন আদি কামত স্মাৰ্ট ফোন ব্যৱহাৰ কৰে ।অভিভাৱক সকলে ইয়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে।
অনলাইন শিক্ষা ব্যৱস্থাত চৰকাৰ বা শিক্ষা বিভাগে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে একোটাকৈ স্মাৰ্ট ফোন দিয়াৰ ব্যৱস্থা কৰিলে শিক্ষাৰ্থী সকল উপকৃত হ'ব । চৰকাৰে মেধাৱী ছাত্ৰ ছাত্ৰী সকলৰ কাৰনে কম্পিউটাৰ ,স্কুটী আদি দিয়াৰ আঁচনিৰ দৰে অন্য এক নতুন আঁচনি প্ৰস্তুত কৰি শিক্ষাৰ্থী সকলক স্মাৰ্ট ফোন দিলে অনলাইন শিক্ষা ব্যৱস্থাটো অধিক শক্তিশালী হ'ব। লগতে দুৰ্গম অঞ্চল সমূহত নেটৱৰ্কৰ ব্যৱস্থা কৰি সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক দিশত সহায় কৰিব পাৰিলেহে আমাৰ দেশ এই অনলাইন শিক্ষা ব্যৱস্থাত সফল হৈছে বুলি ক'ব পৰা যাব। সেয়ে বিষয়টোৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিলোঁ।
পৃষ্ঠা ১০
শিলগুটি এটা মাৰি দিলে
কবিৰ মূৰতে পৰিব
মঞ্জিত হাজৰিকা
সহঃ সম্পাদক, অঙ্গন।
কবিতা লিখাটো এটা আৰ্ট বা এটা কলা। আমাৰ মনৰ অনুভৱৰ লিখিত বিবৰণেই কবিতা হ'ব নোৱাৰে। যদিও কবিতা সম্পৰ্কীয় সংজ্ঞা সমূহত মনৰ অনুভৱৰ কথা উল্লেখ কৰিছে তথাপিও কিন্তু তাৰ লগতে অন্য কিছুমান কথাও বিজ্ঞজনে লিখি থৈ গৈছে।
ছ'চিয়েল মিডিয়া ফেচবুক, হোৱাটচ্ এপৰ যুগত অসমত কবিৰ সংখ্যা এনেদৰে বৃদ্ধি পাইছে যে সৌ সিদিনা মুম্বাইৰ সাহিত্য সভাৰ স্বৰ্ণ শাখাই আয়োজন কৰা "কবিতাৰ সন্ধ্যা" অনুষ্ঠানটিত বিশিষ্ট অতিথি তথা সঞ্চালিকা শ্ৰীযুক্তা গৌৰী চুবেদাৰ বৰা বাইদেউৱে কথাৰ প্ৰসংগত ব্যংগাত্মক ভাৱে কোৱা " শিলগুটি এটা মাৰি দিলে কবিৰ মূৰতে পৰিব" বোলা কথাষাৰে মোক ভবাই তুলিছিল। এই কথাষাৰ যে কেৱল সেইদিনাহে শুনিছিলো তেনে নহয়। জ্যেষ্ঠ কবি নীলিম কুমাৰৰ অকবিতাৰ পৰা শ্ৰীযুক্তা বৰা বাইদেউৰ এই কথাষাৰলৈকে এটা দীঘলীয়া সময় জুৰি চৰ্চিত হৈ অহা কবিতা আৰু কবি সম্পৰ্কীয় কথাটো সঁচাকৈ লক্ষণীয়। সাম্প্ৰতিক সময়ত যিদৰে কবিৰ সংখ্যা বৃদ্ধি পাইছে, তালৈ লক্ষ্য কৰিলে এনে লাগে যেন কবিতা লিখাটো ( বিশেষ কৈ আধুনিক কবিতা) তেনেই সহজ। প্ৰতি দিনে কবি সকলে ফেচবুক আৰু হোৱাটচ্ এপ গোট সমূহত প্ৰকাশ কৰি থকা কবিতা সমূহে অৱশ্যে তাকেই সূচাই। কিন্তু প্ৰকৃত অৰ্থত কথাটো তেনে নহয়। কবিতা লিখাটো এটা আৰ্ট বা এটা কলা। আমাৰ মনৰ অনুভৱৰ লিখিত বিবৰণেই কবিতা হ'ব নোৱাৰে। যদিও কবিতা সম্পৰ্কীয় সংজ্ঞা সমূহত মনৰ অনুভৱৰ কথা উল্লেখ কৰিছে তথাপিও কিন্তু তাৰ লগতে অন্য কিছুমান কথাও বিজ্ঞজনে লিখি থৈ গৈছে। যেনে ওর্ৱডছৱর্থৰ মতে, “নিৰলে সোঁৱৰা হিয়াৰ আবেগেই কবিতা, কবিতা সকলো প্রকাৰৰ জ্ঞান বা বোধৰ আত্মা আৰু সর্বোত্তম শক্তি”। সমালোচক জেইমচ হেনৰী লী হান্টৰ মতে, “সৌন্দর্যৰ প্রতি অনুৰাগেই কবিতা, ইয়াৰ মুখ্য কাম হ’ল আনন্দ সৃষ্টি কৰি মন উন্নত আৰু পৰিশোধন কৰা”। আকৌ থিয়োডৰ ৱাট্ছ-ডাণ্টনৰ মতে, কবিতা হ'ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পীত অভিব্যক্তি। " গতিকে কেৱল অনুভৱৰ বহিপ্ৰকাশ কেতিয়াও কবিতা হ'ব নোৱাৰে।
পিছে মই এই লেখাটোত কবিতাৰ সংজ্ঞাৰ সম্পৰ্কে লিখিবলৈ লোৱা নাই। এই সম্পৰ্কত আপোনালোকে মোতকৈ অধিক জানে। এই অল্পজ্ঞানীয়ে কবিতাৰ সংজ্ঞাকলৈ আলোচনা কৰিবলৈ গ'লে "বাওনা হৈ চন্দ্ৰলে হাত মেলাৰ দৰে কথা হ'ব"। মোৰ কথাটো হ'ল শ্ৰীযুক্তা বৰা বাইদেউৱে কোৱা কথাটোহে। যিটোয়ে লেখাটোৰ শিৰোনামা দখল কৰিছে। যদি অসমত ইমানবোৰ কবি আছে, তেন্তে অসমৰ কিতাপৰ বিপনী বিলাকত কবিতাৰ সংকলন এনেদৰে বিক্ৰী হ'ব লাগিছিল যে প্ৰকাশন বিলাকে কবিতা সংকলন প্ৰকাশৰ ক্ষেত্ৰত নিজেই কবিৰ কাষ চাপিব লাগিছিল। কিন্তু বাস্তৱত তেনে নহয়। প্ৰকাশনে কবিতাৰ সংকলনৰ ক্ষেত্ৰত মাৰ্কেটিংৰ দায়িত্ব নোলোৱাৰ উপৰিও বিপনী বিলাকত কবিতা সংকলনৰ কথা সুধিলে কয় " আজি কালি পাঠকে কবিতা নপঢ়ে। গতিকে কবিতাৰ কিতাপ নেৰাখোঁ।" আজি সহস্ৰ কবি থকাৰ পিছতো এই বাক্যশাৰী শুনিবলে পোৱা কাৰণটো ক'ত বুজিবলৈ টান। কাব্যপ্ৰেমি সহস্ৰ কবিৰ উপস্থিতিত কাব্য গ্ৰন্থৰ বিক্ৰী মন্থৰ কিয় ? পাঠকে প্ৰশ্নটো এবাৰ হৃদয়ংগম কৰিব।
আজি সামাজিক মাধ্যমত বহুতো কবিৰ কবিতা প্ৰকাশৰ ফটো পাওঁ। পিছে তেওঁলোকৰ বহুতেই এইটোও নেজানে যে কাকত খনত তেওঁৰ কবিতাটোৰ সোঁৱে বা বাওঁৱে, ওপৰত বা তলত কাৰ কবিতা প্ৰকাশ পাইছে ? ঠিক সেই দৰে আলোচনী এখনত তেখেতৰ প্ৰকাশিত কবিতাটোৰ আগৰ বা পিছৰ পৃষ্ঠাত কাৰ কাৰ কবিতা প্ৰকাশ পাইছে ? ইয়াৰ উপৰি এটা অতি দুখজনক কথা যে সমালোচক সকলে কঠোৰ হৈ এটা কবিতা সমালোচনা কৰিলে তেওঁক বহু কবিয়ে সাত জনমলৈ চাব নুখোজে। (অৱশ্যে মই সকলো কবিক একেইটা শাৰীতে সাঙুৰি লোৱা নাই)। বহুতো কবি আছে যি সকলে কবিতাৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰি আহিছে। সেই দায়িত্বশীল কবি সকলৰ নাম লোৱাৰ প্ৰয়োজন নাই বুলিয়ে ভাৱোঁ। কিয়নো আপোনালোকে কাকত, আলোচনী, বাৰ্তালোচনী, কবিতাৰ সংকলন আদি পঢ়িলে নিজেই অনুমান কৰিব পাৰিব।
কথা হ'ল আমি কেৱল লিখিলেই নহ'ব। বিভিন্ন কবিৰ কবিতা, কবিতা সম্পৰ্কীয় লেখা, কবিতাৰ সমালোচনা, কবিতাৰ ভিতৰচৰাৰ বিষয়ে অধ্যয়ন নকৰাকৈ এটা ভাল কবিতা লিখিব নোৱাৰোঁ। ভাল কবিতাৰ সৃষ্টি কৰিবলৈ হ'লে কবিতা পঢ়িবই লাগিব। কবিতাৰ কঠোৰ সমালোচনা হ'বই লাগিব। " আপোনাৰ কবিতাটোৰ উপস্থাপন দুৰ্বল হৈছে" বুলি ক'লে "মই সহজকৈ কবিতা লিখি ভাল পাওঁ" বুলি কৈ বিষয়টোৰ পৰা নিজকে আঁতৰাই ৰাখি শুভাকাংক্ষি সমালোচক জনক অবজ্ঞা কৰিলে ভাল কবিতাৰ সৃষ্টি হ'ব নোৱাৰে। সামাজিক মাধ্যমত মই কবি বুলি প্ৰতিদিনে এটাকৈ বা দিনে দুই তিনিটাকৈ কবিতাৰ নামত শব্দ গাথি থাকিলেই কবিতাৰ লগতে ভাষাটোৰ কিবা লাভ হ'বনে ? এইবিলাকৰ পৰা অসমীয়া সাহিত্যৰ কিবা লাভ হ'বনে ? প্ৰশ্ন দুটি হৃদয়ংগম কৰি পঢ়িব।
এটা কথা এইখিনিতে কৈ থওঁ যে বিভিন্ন ৱেবচাইটত বিভিন্ন বিষয়ত মচগুল হৈ থকাত কৈ সাহিত্যৰ নামত কোনোবাই দুটা শব্দ লিখিছে বৰ ভাল কাম কৰিছে। আজিৰ যুগত ভিডিঅ' গেম খেলি, প্ৰণ'গ্ৰাফী চাই, বা অন্যান্য অলাগতীয়াল কাম কৰাতকৈ এই কাম বহু প্ৰশংসনীয়। কিন্তু লেখাৰ মাজতে যদি পঢ়িলেও হেঁতেন। তেতিয়া নিজৰ কথনশৈলীৰ লগতে কবিতাৰ ক্ষেত্ৰখনলৈও এটা ভাল দিন আহিল হেঁতেন।
কোৱা বাহুল্য যে জোনাকী যুগৰ পৰা অধুনিক যুগলৈকে কবিতাই অনেক ৰূপ সলনি কৰিলে। প্ৰথমাৱস্থাত কবিতাৰ যি ছন্দোৱদ্ধ ৰীতি সি এতিয়া সলনি হৈছে। বৰ্তমান ছন্দোৱদ্ধ কবিতা লিখাৰ প্ৰয়োজনীয়তা শেষ হৈছে। কিন্তু সেই বুলিয়ে কবিতাই ছন্দ হেৰুৱাবনে ? কবিতাই হেৰুৱাবনে কাব্যিক বৈশিষ্ট ? হেৰুৱাবনে অলংকাৰ ? নাৰীক যিদৰে অলংকাৰে ৰূপৱতী কৰি তোলে, সেইদৰে কবিতাকো অলংকাৰে অনন্য মাত্ৰা প্ৰদান কৰে। গতিকে আমি এই অলংকাৰক বাদ দি কবিতা সৃষ্টি কৰিব নোৱাৰোঁ। এই অলংকাৰ কবিয়ে সংগ্ৰহ কৰে পঠনৰ দ্বাৰা বা প্ৰকৃতিক সুক্ষ্ম অধ্যয়নৰ দ্বাৰা। পুৰণি কবিতা সমূহ অনুপ্ৰাস, উপমা, ৰূপক আদিৰে পৰিপূৰ্ণ। গতিকে আমি এই কবিতা সমূহ পঢ়াটো অতি প্ৰয়োজন। সেইদৰে প্ৰকৃতিৰ বুকুতো কবিতাৰ এই অলংকাৰ সমূহ ঠাহ খাই আছে। সেয়ে ভাল কবি হ'বলৈ হ'লে প্ৰকৃতিক সুক্ষ্ম অধ্যয়ন কৰিবই লাগিব, কবিতা পঢ়িবই লাগিব।
ময়ো এজন কবিতাৰ ছাত্ৰ। কবিতাৰ সম্পৰ্কে জানিবলৈ অহৰহ চেষ্টা কৰি আছোঁ। অনুভৱৰ কৰণি খুচৰি কবিতাৰ দৰে বহু লেখা লিখিছোঁ। কিন্তু আজিও এটা ভাল কবিতা লিখিব পৰা নাই আৰু হয়তো নোৱাৰিমো। সেই বুলি হাৰ মানি হাত সাৱটি বহি থকা নাই। চেষ্টা কৰিছোঁ কবিতাক বুজিবলৈ। কবিতাৰ ভিতৰলৈ সোমাবলৈ। সেয়ে শেষত মোৰ দৰে নবীন কবিতাৰ সাধক সকলৰ প্ৰতি এটাই অনুৰোধ যে তেওঁলোকে কবিতা পঢ়ক। কবিতাক বুজি উঠক আৰু তাৰ পিছত হে কবিতা লিখিবলৈ চেষ্টা কৰক।
পৃষ্ঠা ১১
ধাৰাবাহিক উপন্যাসঃ
অভিশ্ৰুতি
চয়নিকা বৰুৱা, যোৰহাট
(যোৱা সংখ্যাৰ পিছৰ পৰা)
খণ্ড ১৯
অভিৰ লগত কথা পাতি পাতি কেতিয়ানো শুই গ'লো গমেই নাপালো। ৰাতিপুৱা ৫টা মান বাজিছে মই সাৰ পাওঁতে। শুই উঠিয়েই ফোনটো চালো। দেখিলোঁ এটা মেছেজ।
মেছেজটো কোনে দিছে বুলি চাওঁতেই দেখিলোঁ মেছেজটো ভ'ডাফোনৰ পৰা আহিছে। নিজৰেই ইমান হাঁহি উঠিল নহয়। মই আকৌ অভি বুলি হে ভাবিছিলো। ফোনটো কাষৰ টেবুলখনতে থৈ মই বিছনাকেইখন পাৰি ল'লো। মুখত ব্ৰাচডাল লৈ ঘৰ সাৰিলো আৰু ফুলত অলপ পানীও দিলো। মই ফুলত পানী দি থকা দেখি মায়ে আঁতৰৰ পৰাই মাজনী এইবোৰ তুমি কি কৰিছা বুলি চিঞৰি চিঞৰি আহিছে আৰু ওচৰত আহি ক'লেহি
• মাজনী...তুমি ফুলত পানী দিব কিয় লাগে ? আমিবোৰ আছো নহয়। তুমি কেইদিনমান জিৰাবহে লাগে।ব'লা মুখখন ধুই চাহ অলপ খাই ল'বা আৰু চকীখনতে অলপ সময় বহিবা। তুমি এইবোৰ কৰিব নালাগে থৈ দিয়া।
• মা একো নহয়। মই পাৰিছোঁ নহয় কৰিব। নোৱাৰা হ'লে মই নকৰিলো হেঁতেন। তুমি চিন্তা কৰিব নালাগে। মই ফুলত পানী দি ভাল পাওঁ বুলি তুমি জানায়েই দেখুন।
• জানিলেও এতিয়া নালাগে। ব'লা...
মাৰ কথা শুনি অৱশেষত মই সেই ঠাইৰ পৰা আঁতৰি আহিলো আৰু মুখখন ধুই চাহ খালো। চাহ খাই উঠি চকীখনত বহিছিলো হে এনেতে...
• শ্ৰুতি...।
• আৰে...প্ৰিয়া দেখোন। আহাঁ আহাঁ...
• এতিয়া গাটো অলপ হ'লেও ভাল পাইছা নে ?
• জানানে প্ৰিয়া ! ঘৰলে অহাৰ পাছৰে পৰা মোৰ এনে লাগিছে, যেন মোৰ একো হোৱাই নাছিলে। মনটোও বহুত ফৰকাল যেন হৈ পৰিল।
• এৰা, মইনাজনী অহাৰ পাছৰ পৰাই এনে লগা হ'ল যেন আমাৰ ঘৰত উৎসৱ হে পাতিছো। প্ৰিয়া কেতিয়া আহিলা ?
•মই অহা বেছি সময় হোৱা নাই দেউতা।
প্ৰিয়াই মোৰ মা- দেউতাক, মা-দেউতা বুলিয়ে সম্বোন্ধন কৰে আৰু মই তাইৰ মাক-দেউতাকক, মা-দেউতা বুলিয়েই মাতো। প্ৰিয়াহঁতৰ ঘৰৰ লগত আমাৰ বহুত আগৰ পৰাই বৰ মিল। কিন্তু তাই বিয়া হোৱা ঘৰখনৰ বিষয়েহে মই একো নাজানো।
• miss hathi...
• আ...হ কিনো শ্ৰুতি তুমি কিয় মোক তেনেকে মাতা ?
•নহয় অ' তোমাক এই নামেৰে নামাতিলে মোৰ ভালেই নালাগে হা হা হা হা হা হা। বাৰু এইবোৰ কথা বাদ দিয়া। আচল কথাতো শুনা।
•কি কথা ?
•তুমি কোন ঠাইলৈ বিয়া হৈছা মই সোধায়েই নাই নহয়।
• ওচৰতে মোৰ ঘৰ।
• ওচৰতে মানে ?
• প্ৰিয়া মোৰ Wife হে।
• বিকি দা...!
•হয়। প্ৰিয়া মোলৈকে বিয়া হৈছে।
•ইহঁতৰ আকৌ প্ৰেম বিবাহ হে।
তেওঁ বিকি দাৰ লগতে আহিছে। অথনিৰে পৰা মই কথাত মচগুল হৈ থকা ছোৱালীজনীয়ে তেওঁৰ মাত শুনাৰ পাছত কিয় মোৰ মুখৰ মাত হেৰাই যায় বুজি নাপাওঁ। তেওঁৰ সন্মুখত কথা ক'বলে মোৰ বৰ লাজ লাগে।
•কি হ'ল শ্ৰুতি ? অভিৰ মাত শুনি তুমি একদম মনে মনে থাকিলা যে ?
• নহয়...মানে...মই...
• সঁচা কথাটো কৈ দিয়া Miss তুমি মোলে কিমান লাজ কৰা
• কি ? হাহা হাহা হাহা তুমি মানুহ মাৰি দিবা দেই শ্ৰুতি । আমাৰ জনীৰ আকৌ মুখখন বন্ধয়েই নহয় আৰু তুমি হাহা হাহা।
•হ'ব হ'ব। তোমালোকে একেলগ হৈ মোক আৰু শ্ৰুতিক হাঁহিব নালাগে।
: মই অলপ ভিতৰৰ পৰা আহোঁ মাক মাতষাৰ দি আহোঁগে।
•অহ্ যোৱা যোৱা ময়ো অলপ বহি লওঁ।
• হেৰা তুমি ইয়াত বহি ফলাব নালাগে। মোৰ লগত ভিতৰলে আহাঁ। ইচ একেবাৰে, আহাঁ।
•উফ শান্তি নাই আৰু ব'লা।
প্ৰিয়া আৰু বিকি দা মাৰ ওচৰলে গ'ল। সেইখিনিত মোৰ আৰু অভিৰ বাহিৰে কোনোৱেই নাই। লাহে লাহে তেওঁ মোৰ ওচৰলে আহিল আৰু মোৰ সন্মুখৰ চকীখনতে বহি ল'লে। মোৰ লাজো লাগিছে বহুত । এবাৰ মাজতে তেওঁলে চাওঁ কিন্তু তেওঁ মোক চাই থকা দেখি লাজতে তলমূৰ কৰি দিওঁ।
•শ্ৰুতি...তোমাক মোৰ কথা এটা ক'বলে আছে।
•উম কওঁক।
•তোমাৰ যদি আপত্তি নাই আমাৰ বিয়াখনৰ কথা ভাবিব পাৰোনে ?
অভিৰ মুখেৰে কথাষাৰ শুনি বুকুখনে ধক্ ধক্ কে শব্দ কৰিবলে ল'লে। তেওঁৰ মুখেৰে এই কথাষাৰ শুনিবলৈকে মই বাট চাই আছিলোঁ। আজি তেওঁৰ মুখত কথাষাৰ শুনি বৰ ভাল লাগিল ।
• বিয়াখন এতিয়া পাতিব নালাগে নেকি ?
আগলৈ...
পৃষ্ঠা ১২
পোছাকৰ আঁৰৰ মানুহজন
শিখামণি গগৈ, দুলীয়াজান
(যোৱা সংখ্যাৰ পিছৰ পৰা)
খণ্ড=২
:: কি ?
লাঠিডাল মজিয়াতে ভেজা দি ল'ৰাটোৱে কোৱা চিনাকি চিনাকি লগা নামটো দুবাৰ মান মনৰ ভিতৰতে উচ্চাৰণ কৰিলে অসীম চলিহাই। স্বপ্না ৰঞ্জনী ভূঞা...স্বপ্না ৰঞ্জনী ভূঞা। লগে লগে বুকুখন কঁপি উঠিল চলিহাৰ ।
স্বপ্না! ইয়েছ স্বপ্না ৰঞ্জনী ভূঞা। এসময়ত তেওঁ পাতি লোৱা সেই ভনীয়েক জনীৰ নামেই আছিল। জল জল পট পট কৈ পাহৰি যোৱা অতীতৰ কথাবোৰে খুন্দিয়ালেহি অসীম চলিহাৰ মন-মগজুত।মানসপটলৈ ভাঁহি আহিল অতীতৰ সেই দিনবোৰৰ ছবিবোৰ।
কলেজত পঢ়ি থাকোঁতেই তেওঁ লগ পাইছিল স্বপ্নাক।ডুমডুমাৰ এখন ভিতৰ অঞ্চলৰ গাঁৱৰ ছোৱালী আছিল। তেওঁৰ মোমায়েকৰ জীয়েক পাহাৰীৰ লগত একে লগে পঢ়িছিল। অসীম চলিহাহঁত থকা গুৱাহাটী চহৰ খনতে স্বপ্নাই লগৰ দুজনীমানৰ লগত ঘৰ এটা ভাড়া লৈ আছিলহি। সেই সূত্ৰেই চিনাকি হৈছিল তেওঁ স্বপ্নাৰ লগত। পাহাৰীৰ লগতে স্বপ্নাহঁতৰ ৰূমলৈ প্ৰায়ে অহা-যোৱা কৰিছিল অসীম চলিহা । লাহে লাহে আত্মীয়তা গঢ়ি উঠিছিল স্বপ্নাৰ লগত তেওঁৰ। পাহাৰীৰ ককায়েক হয় যেতিয়া স্বপ্নাইয়ো দাদা সম্বোধনেৰে মাতি আপোন ভাৱ এটি গঢ় দি অসীম চলিহাক, তাইকো ভনীয়েক বুলি ভাবি ল'বলৈ বাধ্য কৰাইছিল। এটা সময়ত অসীম আৰু স্বপ্নাৰ মাজত ইমানেই বেছি আত্মীয়তা গঢ় লৈ উঠিল যে ,কেতিয়াবা স্বপ্নাৰ টকা-পইচাৰ অসুবিধা হ'লে বা নিশা ৰূমত কিবা বস্তু নোহোৱা হ'লেও অসীমকে ফোন কৰি মাতি অভাৱবোৰ পূৰা কৰিছিল।
আনকি স্বপ্নাহঁতৰ ৰূমত লাইট, ফেন, ফিল্টাৰ বেয়া হ'লেও সেই সমস্যাবোৰো অসীম চলিহাই সমাধান কৰি যায়হি প্ৰায়ে। স্বপ্নাৰ পাতি লোৱা ককায়েক বুলিয়ে স্বপ্না ৰূমৰ আন দুজনী ছোৱালী কৰৱী আৰু নিশাইয়ো অসীমক যথেষ্ট সন্মান কৰিছিল। সকাহ পাইছিল বহুত ৰূমটোত সিহঁতে কৰিব নোৱাৰা সমস্যা বোৰৰ সমাধান অসীম চলিহাই যে বিনাদ্বিধাই কৰি দিছিল।
জুলাই মাহৰ উৎকট গৰমৰ দিন এটাতে এদিন অসীম চলিহাক স্বপ্নাই ফোন কৰি জনাইছিল যে , সিহঁতৰ ৰূমৰ চিলিং ফেনখন একেবাৰে লাহে লাহে ঘূৰে।পাৰিলে দিনতে আহি এবাৰ চাই দিবহি লাগে। স্বপ্নাক নক'লেও পিছদিনা দেওবাৰ হেতুকে অসীম চলিহাই পিছদিনাখনেই ফেন খন চাই দিবলৈ যোৱাৰ সিদ্ধান্ত মনতে ল'লে।
অসীম চলিহাৰ মাক-দেউতাক সেইদিনা ঘৰত নাছিল। গতিকে মনতে ভাবিছিল তেওঁ, স্বপ্নাহঁতৰ ৰূমলৈ খাহীৰ মাংস লৈ গ'লে দুপৰীয়া ভাতসাঁজো তাতে খাই আহিব পাৰিব। ভবা মতেই কামো কৰিছিল।
স্বপ্নাহঁতৰ ৰূমত গে'ট খুলি সোমাবলৈ লওঁতেই দেখিলে যে স্বপ্না আৰু লগৰ দুজনী বজাৰলৈ যাবলৈ ওলাইছে। অসীম চলিহাক দেখি গোটেই কেইজনীয়েই উচপিচ কৰিলে কি কৰোঁ কি নকৰোঁকৈ ,যাওঁ নে নাযাওঁ কৈ।
অৱশেষত আটাইকেইজনীৰ সিদ্ধান্তৰ মতে, সোনকালেই বজাৰৰ পৰা অহাৰ প্ৰতিশ্ৰুতি দি স্বপ্না আৰু অসীম চলিহাক ৰূমতে এৰি লগৰ দুজনী বজাৰলৈ গৈছিল।
অসীম চলিহাক নেমুৰ চৰবত এগিলাছ বনাই দি স্বপ্নাই মাংস ৰান্ধিবলৈ পিয়াঁজ,আলু ,ৰচুন ,আদা গুচোৱাত লাগিল । অসীমে ফেনৰ চুইছ্ ,ৰেগুলেটৰত একো বিসংগতি নাপাই গাৰ পৰা চাৰ্টটো খুলি চকী এখনতে থৈ ,অৱশেষত ফেনখন খুলি কি হৈছে চাবলৈ বুলি তললৈ নমাই আনিছিল ফেনখন। গৰমত ঘামি-জামি ফেন ভাল কৰা অসীমলৈ চাই স্বপ্নাৰ মনটো হয়তো বাৰুকৈয়ে বেয়া লাগিছিল।তাই গা-মচা খাদী কাপোৰৰ ডাঙৰ টাৱেল এখন অসীমলৈ আগবঢ়াই দিছিল আৰু জিনছ্ৰ পেণ্টটো খুলি টাৱেলখনকে পিন্ধি ল'বলৈ অনুৰোধ কৰিছিল তাক।
স্বপ্নাৰ অনুৰোধ ৰক্ষা কৰিবলৈ টাৱেলখন হাতত লওঁতেই অসীম চলিহাৰ চকু স্বপ্নাৰ ঘামি-জামি থকা সমগ্ৰ দেহটোত পৰিছিল। চকুৰ পলক নমৰাকৈ স্বপ্নালৈ চাই আছিল তেওঁ বহু সময়। অসীম চলিহাৰ সেই জুই হেন চাৱনিত হয়তো স্বপ্নাও জহি খহি যাওঁ যেন হৈছিল ।কপালৰ বিন্দু বিন্দু ঘামৰ কণিকাবোৰ জলপ্ৰপাতৰ দৰে বৈ গৈছিল বুকুৰ দ ঠাইখণ্ডলৈকে।
দুচকু কোনোমতে অসীম চলিহাৰ চকুৰ পৰা নমাই ,খৰধৰকৈ ভিতৰলৈ গৈ কামত ধৰিছিলগৈ স্বপ্নাই।স্বপ্নাৰ দেহত চকু পৰা পিছৰে পৰা কিন্তু অসীম চলিহা শান্ত হ'ব পৰা নাছিল অকণমানো।ফেনখন মেৰামতি কৰি চিলিঙত লগাই স্বপ্নাক মাতিছিল তেওঁৰ ওচৰলৈ। সেই হেন গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰা কোঠাটোৰ একমাত্ৰ সম্বল ফেনখন ভাল হোৱাত, তাই এটি সন্তুষ্টিৰ হাঁহি মাৰি থেংকছ দি অসীম চলিহাক কৃতজ্ঞতা জনাইছিল বাৰে বাৰে।
ধন্যবাদ নালাগে মোক।বেলেগ এটা বস্তুহে লাগে তোমাৰ পৰা। অকণমান এইফালে আঁহাচোন তুমি বুলি তাইৰ হাতখনতে খামুচি ধৰি ওচৰলৈ চপাই আনি বৰ্বৰ হৈ পৰিছিল অসীম চলিহা। গাৰ সমস্ত শক্তিৰে অসীম চলিহাৰ শৰীৰৰ বান্ধোনৰ পৰা মুক্ত হ'ব খুজিও বিফল হৈছিল তাই।
অসীম চলিহাৰ এই কাণ্ডত তাই অতিশয় মৰ্মাহত হৈ আঁঠুত মুখ গুঁজি উচুপি উঠিছিল। ককায়েকৰ ভাও লৈ ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰাৰ বাবে গালি পাৰিছিল অসীম চলিহাক মূষলধাৰেৰে।মুহূৰ্ততে আঁতৰি যাবলৈ কৈছিল তেওঁক ,তাইৰ সন্মুখৰ পৰা।
কিন্তু অসীম চলিহাই সকলো সহ্য কৰি সেই সময়ত অতি নৰম হৈ তাইক উলোটাই বুজাইছিলহে "Sorry.। ক্ষমা কৰি দিয়া স্বপ্না। হৈ যায় কেতিয়াবা এনেকুৱা। টেনচন নল'বা। মই সম্ভালি লম।মিছামিছি আনক এইবোৰ কথা কৈ তুমি তোমাৰ ভৱিষ্যতটো নষ্ট নকৰিবা, প্লিজ।"
কৰৱী আৰু নিশাও আহি পাইছিলহি এটা সময়ত বজাৰৰ পৰা ঘামি-জামি । ফুল স্পিডত ঘূৰি থকা ফেনখন দেখিয়েই স্বস্তিৰ নিশ্বাস পেলাইছিল দুয়োজনীয়ে। অসীমক ধন্যবাদৰ ওপৰত ধন্যবাদ জনাইছিল দুয়োজনীয়ে উপৰ্য্যুপৰি। গা-ধুবলৈ যোৱা স্বপ্না কিন্তু বহুপৰৰলৈকে বাথৰূমৰ পৰা ওলোৱা নাছিল। নিশা আৰু কৰৱীয়ে মুখ-হাত ধুবলৈ উৎপাত কৰাৰ বাবেহে তাই ওলাই আহিবলৈ হয়তো বাধ্য হৈ ওলাই আহিছিল।
সিহঁত বজাৰ কৰি অহাৰ পিছত মুখেৰে একো মাত নমতা স্বপ্নাক দেখি জোকাইছিল দুইজনীয়ে লগ হৈ "বেচেৰি জনী ওলাই লৈ বজাৰ যাব নোপোৱাৰ বাবে মুখ উফন্দাইছে। এতিয়া আমি তাইক একো কাম কৰিবলৈকে নিদিওঁ দেই।সৱ আমি কৰিম।"
নিশা আৰু কৰৱী দুইজনীয়ে লগলাগি তাইৰ মুখৰ আগত বাঢ়ি দিয়া ভাত কেইটা খাবলৈ লৈ তাই লিৰিকি-বিদাৰি থাকি অৱশেষত পেলাই দিছিলগৈ।
অসীম চলিহাই পিছদিনাখন এপাক অহাৰ প্ৰতিশ্ৰুতি দি ভাত খাই বিদায় লৈছিল সিহঁতৰ পৰা।
কিন্তু! কিন্তু পিছদিনাখন অসীম চলিহা স্বপ্না হঁতৰ ৰূমলৈ গৈ স্বপ্নাক লগ পোৱা নাছিল। কৰৱী আৰু নিশাৰ পৰাহে গম পাইছিল তেওঁ, তাই পুৱাই ঘৰলৈ গ'ল বুলি।
আগলৈ----
পৃষ্ঠা ১৩
অণুগল্পঃ
ক/ দীনতা
অসমীয়া বিষয়ৰ শ্ৰেণীত দাস ছাৰৰ জোনাক ভৰা নিশাৰ সৌন্দৰ্যৰ সৰসৰ বৰ্ণনা শুনি আটাইবোৰ ছাত্ৰৰ মনবোৰে কল্পনাৰ সপোনপুৰীলৈ গতি কৰিলে।
কিন্তু এজন ছাত্ৰৰ মন উদাস উদাস লাগিল। তাৰ যে উৰুখা পঁজাত প্ৰতি নিশাই মূৰৰ ওপৰত জোনাক আৰু আঁউসীৰ খেল।
অংশুমান ভূঞা, চামতা, নলবাৰী।
খ/ দাগ
" তই যে তাইক বিয়া পাতিবলৈ বিচাৰিছ তাইৰ হাতৰ বগা দাগটো এবাৰো দেখা নাছিলি নে বাৰু ! "
কাৰ্যালয়লৈ নতুনকৈ অহা মহিলা বিষয়াগৰাকীক দেখি তাৰ স্মৃতিৰ এলবামৰ পাত এখিলা এখিলা কৈ মনৰ বতাহজাকে লুটিয়াবলৈ ধৰিলে ।
তাই ছাই বৰণীয়া কপহুৱা উমৰ মাজত দাগটো সামৰি থলে । কোনো দিন যাতে কোনেও দেখা নাপায় ... ।
অৰ্চনা গগৈ, ডাউন টাউন, গুৱাহাটী।
গ/ শুকান বৃক্ষ
একমাত্ৰ সন্তান শিহৰণক হোষ্টেলত থোৱাৰ পাছত অকলে থাকিবলৈ অসুবিধা হোৱা বাবে নিৰাই গাওঁৰ ঘৰত শাহুৱেকৰ লগত থাকিব বুলি কলে। তাইৰ কথা শুনি শাহুৱেকে ক'লে নোৱাৰা নিৰা গাওঁবোৰো আগৰ দৰে হৈ থকা নাই। অকলশৰীয়া গাভৰু বোৱাৰীজনীহৈ তুমি তাত থাকিব নোৱাৰা। নৰ পিশাচ কেইটাই মোৰ এই শুকান শৰীৰটোকো নেৰিলে...
শাহুৱেকৰ কথাখিনি শুনি নিৰা শিল পৰা কপৌৰ দৰে হৈছিল। থক্ থকৈ কপিছিল ঘৃণাত, ক্ষোভত। তাই শাহুৱেকক সাৱটি ধৰি কান্দি উঠিছিল। আশী বছৰীয়া শাহুৱেকে তাইক সাৱটি ধৰি হুকহুকাই কান্দিছিল। জীৱ শ্ৰেষ্ঠ মানুহ নামৰ দানৱ পিশাচবোৰৰ কামত লাজত নিশাৰ জোনটো লুকাইছিল কজলা মেঘৰ মাজত। নিশাটো আৰু গহীন হৈছিল - -
ফাগুনৰ লঠঙা গছৰ দৰে বোৱাৰী আৰু শুকান বৃক্ষৰ দৰে শাহু দুয়ো নাৰী, বৰ্তমান সমাজতো দুয়ো বৰ অসহায়,নিৰাপত্তাহীন।
হিৰণ ভূঞা, মুম্বাই।
পৃষ্ঠা ১৪
চুটি গল্পঃ
ক/ বস্তুবাদী
হঠাৎ এটা শব্দ কৰি তলত সিঁচৰিত হৈ পৰিল মালিকনী বাইদেৱে বাহিৰৰ পৰা অনা ধুনীয়া কাঁচৰ সজোৱা বস্তুটো! কেনেকৈ কি হৈ গ'ল তৎ ধৰিবই নোৱাৰিলো, ওচৰতে থকা হ'লে মই গালি খোৱাটো খাটাং আছিল, নেদেখাজনৰ কৃপাত এইবাৰলৈ বাচিলো যদিও গুৱাল-গালিবোৰ হজম কৰি গ'লো।
"নিজেই কেনেকৈ পৰি যাব পাৰে ?"
"একেবাৰে কাষত কোনে থৈছিল ?"
"ইচ্ ইচ্ পইচাখিনি পানীত পৰিল"
"মোলৈ আজি ভাত নবনাবি মালতী"
খঙে-দুখে একাকাৰ হৈ ভাত-পানী নাখাই বাইদেউ শুবলৈ গ'ল। হয়তো আজি তেওঁৰ টোপনি নাহিবও পাৰে!
এদিন কন্যা মালাৰো হৃদয়খন ভাঙি চূড়মাৰ কৰি বাইদেউহঁতৰ পচন্দৰ জনৰ হাতত গটাই দিছিল! তেতিয়াতো এনেকৈ দুখ কৰা দেখা নাছিলো! "ঠুনুকা কাঁচৰ মূল্য হৃদয়তকৈ কেনেকৈ বেছি হ'ব পাৰে !" মই অল্পমতিয়ে ওৰে ৰাতি তাকেই ভাবি থাকিলো।
অনুসূয়া বৰঠাকুৰ।
খ/ ৰান্ধনি
এহাল দম্পতীয়ে চহৰত ভাড়াঘৰ বিচাৰি বিচাৰি এঠাইত কেনেবাকৈ এটি ভাড়াঘৰ পালে৷ ভাড়াঘৰ পাবলৈ টান, তথাপিও ভগৱানৰ কৃপাত যেনিবা এটি ঘৰ পালে ৷ দুয়ো ভাড়াঘৰটি পাই মালিক মালকনীৰ লগত মাহেকীয়া ঘৰৰ ভাড়া ঠিক ঠাক কৰি ঘৰলৈ গ’লগৈ৷
এক তাৰিখে দুয়ো বস্তু বাহানি লৈ ভাড়াঘৰলৈ আহিল৷ গিৰিয়েকে আচবাববোৰ ঠিক ঠাক কৰিলে৷ ঘৈণীয়েকে সহায় কৰি দিলে ৷ বস্তু বাহানি ঠিক ঠাক কৰি থাকোঁতে ঘৈণীয়েকে লক্ষ্য কৰিলে ভাত ৰান্ধিবলৈ দিয়া মেজখন চাপৰ৷ ভাত ৰান্ধিবলৈ অসুবিধা হ’ব৷ কথাটো মালিকক ক’ব লাগিব৷ সেই সময়ত মালিক ঘৰত নাছিল৷ মালিকনীয়ে এবাৰ খবৰ ল’বলৈ আহিল৷ মালিকনীয়ে বস্তু বাহানী সজোৱাটো এপাক চালে৷ ঠিকে আছে৷ দুজন মানুহৰ বাবে ধুনীয়া মিলিছে ৷ ভালদৰে এতিয়া থাকিলে হ’ল৷ ঘৈণীয়েকে এটি মিঠা হাঁহি মাৰি মালিকনীক ক’লে, আগতেও ভাড়াঘৰত থকা তেওঁলোকৰ অভ্যাস আছে৷ গিৰিয়েকৰ চাকৰি সূত্ৰে বহু ঠাইত থাকিছে৷ সকলো ঠিকেই আছে৷ পিছে ভাত বনাবলৈ দিয়া মেজখনহে চাপৰ হ’ল৷
মালিকনী আচৰিত হ’ল৷ ক’ত ঠিকেইটো আছে৷ ক’লে, "আপোনাৰ সুবিধাৰ বাবে এইখন মেজ দিয়া হৈছে৷ আমি আপোনাক দেখিয়ে আলোচনা কৰি এইখন দিছো৷ আপোনাৰ স’তে মিলিব৷"
ঘৈণীয়েকে তপৰাই উত্তৰ দিলে, "মানে বাইদেউ মই ভাত নাৰান্ধো নহয়৷ এখেত হে ৰান্ধনি৷ ইমানকৈ হালি ভাত বনাবলৈ কষ্ট পাব দিয়কচোন৷ ওখপাখ মানুহ৷ আপোনালোকে যদি আন এখন মেজ দিবলৈ টান পাই আমিয়ে কিবা এটা কৰিব লাগিব৷"
মালিকনীয়ে মানুহজনলৈ আৰু নাচালে৷ হয়তো, আজিকালি ভাড়াতীয়াৰ প্ৰবলেম বহুত৷
বিহংগিনী
মাৰফৎঃ দীপান্বিতা ভট্ট
গাঁও-কুমাৰপাৰা, ডাকঘৰ-চেঙেলীয়াঝাৰ,
জিলা- দৰং, ( অসম)
পিন- ৭৮৪১৪৫
মোবাইল-৬৯০১৭১৩৫১০
পৃষ্ঠা ১৫
অনুবাদ কবিতা ঃ
A Red, Red Rose
Robert Burns
O my Love is like a red, red rose
That's newly sprung in june;
O my luve is like the melody
That's sweetly plaid in tune.
So fair art thou, my bony lass,
So deep in luve am I;
And I will luve thee still, my dear,
Till a' the seas gang dry.
Till all the sees gabg dry, my dear,
And the rocks melt wi' the sun;
I will luve thee still, my dear,
While the sands o' life shall run.
And fare thee weel, my only luve,
And fare the weel awhile !
And I will come again, my luve,
Though it were ten thousand mile.
এপাহি ৰঙা, ৰঙা গোলাপ
ভাৱানুবাদ:
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলিপাৰা গুৱাহাটী
মোৰ মৰমী প্ৰিয়া যেন এপাহি ৰঙা, ৰঙা গোলাপ
নতুনকৈ যাৰ মেলিছে পাহি গ্ৰীষ্মৰ বৰষাত;
মোৰ মৰমী প্ৰিয়া যেন এটি ঢৌ খেলা সুৰ
পিয়ানোত বুলালে আঙুলি, যি হৈ পৰে সংগীত মধুৰ ৷
ইমান যে ধুনীয়া তুমি, মোৰ আজলী ছোৱালী ৷
তোমাৰ গভীৰ প্ৰেমতেই ডুবি আছোঁ মই;
অ' মোৰ প্ৰিয়া, তেতিয়ালৈ তোমাক ভাল পাম মই,
যেতিয়ালৈ সমস্ত সাগৰৰ পানী শুকাই নাযায় ৷
যেতিয়ালৈ সমস্ত সাগৰৰ পানী শুকাই নাযায়,
শিলবোৰো সুৰুযৰ তাপত গলি শেষ নহয়;
মই তোমাক ভাল পায়েই থাকিম, অ' মোৰ সোণ,
যেতিয়ালৈ বৈয়েই থাকিব এই জীৱন নদীৰ সোঁত।
এতিয়া বিদায় তোমাক, হে' মোৰ আজন্ম প্ৰেমিকা,
কিছুক্ষণৰ বাবে মাগিছোঁ বিদায় তোমাৰ পৰা,
আৰু, মই পুনৰ আহিম ঘূৰি, সোণ মোৰ ,
যদিওবা ই হ'ব পাৰে সহস্ৰ যোজন দূৰ ৷
(স্কটলেণ্ডৰ জাতীয় কবি হিচাপে জনাজাত হোৱা, স্কটিছ কবি ৰবাৰ্ট বাৰ্ণ্চৰ জন্ম হৈছিল ১৭৫৯ চনত ৷ জীৱনৰ প্ৰথম অৱস্থাত তেওঁ আনৰ মাটিত খেতি কৰিছিল যদিও, শেষলৈ ডামফ্ৰিজ নামৰ চহৰৰ এক্সাইজ কালেক্টৰ হৈছিল ৷ তেওঁ সৰুৰে পৰাই কবিতা লিখিবলৈ লৈছিল ৷ প্ৰাক-ৰোমাণ্টিক যুগক কবি বাৰ্ণ্চৰ কবিতাই স্কটলেণ্ডৰ কৃষি আৰু কৃষক, সংস্কৃতি, ধৰ্মীয় চিন্তাধাৰাৰ উপৰিও প্ৰেম-ভালপোৱা আদি অনেক বিষয় সামৰি লৈছিল ৷ তেওঁৰ কবিতাসমূহ ইংৰাজীত লিখা যদিও, স্কটলেণ্ডৰ থলুৱা শব্দ বা জতুৱা ঠাঁচেৰে ভৰা ৷ নিচেই কম বয়সতে, ১৭৯৬ চনত তেওঁৰ মৃত্যু হয় ৷)
পৃষ্ঠা ১৬
Confession
Louise Gluck
To say I'm without fear
It wouldn't be true.
I'm afraid of sickness, humiliation.
Like anyone, I have my dreams.
But I've learned to hide them,
To protect myself
From fulfillment: all happiness
Attracts the Fates' anger.
They are sisters, savages…
In the end they have
No emotion but envy.
স্বীকাৰোক্তি
অসমীয়া অনুবাদঃ
তনুশ্ৰী দাস
যদি মই কওঁ , ভয় অবিহনে মই
এয়া সঁচা নহ'ব ।
মই বেমাৰক ভয় কৰোঁ ,
মই মানহানিক ভয় কৰোঁ ।
আন সকলোবোৰৰ দৰে
মোৰো সপোন আছে কিন্তু
নিজক এক সমাপ্তিৰ পৰা ৰক্ষা কৰিবলৈ
এই সপোনবোৰক
মই লুকুৱাই থ'বলৈ শিকিছোঁ ।
সৌভাগ্যই দুৰ্ভাগ্যৰ ক্ৰোধক আমন্ত্ৰণ কৰে ।
আচলতে এই সকলোবোৰ বাই-ভনী সদৃশ ,
ক্ৰুৰ....
শেষত সকলোবোৰৰ মাজত
আবেগৰ বাহিৰে মাথোঁ থাকে কেৱল
ঘৃণা ।
পৃষ্ঠা ১৭
দুই মহল
মূল তেলেগু কবিতা—বি.তুলসীৰাও
বাংলা অনুবাদ—বাণীপ্ৰসাদ মুখোপাধ্যায়
অসমীয়া অনুবাদ—
মীনাক্ষি ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী ।
সমুখত সেউজ ঘাঁহনি
ৰঙীন ছাতি ।
মহলৰ ঘৰে ঘৰে
থোৱা আছে দলিচা পাৰি ।
অকোৱা-পকোৱা চিৰি
গোলাপৰ টাব ।
ঠিক তাৰ পিছফালে—অন্য মহল
তাত শীৰ্ণ বুভুক্ষু মানুহৰ কোলাহল ।
কাঠ, কয়লা লেতেৰা কাগজ বোটলা—
সিহঁতৰ জীৱিকা ।
এজন অভ্যাগত—মহল পাৰ হৈ আহিল—
শীৰ্ণ ভোকাতুৰহঁতৰ পঁজাত ।
লুক-ঢাক নকৰাকৈ ক'লে—
হেৰ' ধল্মু শুন—শুন বাগুন মুণ্ডা—
তহঁত হেনো কুষ্ঠ, কেনচাৰ—সমাজৰ ক্ষত ।
হানি কৰ মহলৰ গৌৰৱ ।
তহঁতৰ বুভুক্ষাৰ জ্বৰ, অসুখৰ আৰ্তনাদত
জোঁৱায়েকৰ টোপনি ভাগে—
অভিজাত শহুৰেকৰ মূৰ কামোৰণি হয় ।
অভ্যাগতজনে ক'লে—আজিৰ পৰা তহঁতে
প্ৰায়শ্চিত্ত কৰ
আজিৰ পৰা এই সুসজ্জিত মহলত
তহঁতে খাবি থাকিবি শুবি ।
শংখকণ্ঠেৰে ক'বি—
এই মহলত আমাৰ অধিকাৰ
তোমাৰ মোৰ সকলোৰে ।
অভ্যাগতজন গুচি গ'ল—
তেওঁৰ কথা কোনোবাই বুজিলে—
কোনোবাই নুবুজিলে—মাথোন হাঁহিলে ।
কোনোবাই তুলি নিলে "উলগুলান"ৰ অস্ত্ৰ ।
ঠিক সেই মুহূৰ্ততেই শুনা গ'ল
মহলৰ জমিদাৰৰ উচ্চৈস্বৰে ঘোষণা—
জোকাৰি পেলা তহঁতৰ অতৃপ্ত বাসনা ।
তহঁতচোন কুশলেই আছ—
ডাষ্টবিনত উচ্ছিষ্ট খাৱ ।
পৰম্পৰাগত শীৰ্ণতা নগ্নতা
এয়াচোন তহঁতৰ ডিঙিৰ হাৰ ।
এয়াও বুজি নাপাৱনে—
তহঁত যে অভ্যাসৰ দাস ।
কোনোবাই কাণে কাণে ক'লে—
এই দুই মহলৰ নাম "ভাৰতবৰ্ষ ।"
মোৰ টোপনি ভাগি গ'ল ।
টোকা—"উলগুলান"ৰ অৰ্থ "প্ৰবল বিক্ষোভ ।"
পৃষ্ঠা ১৮
কবিতাঃ
মৰিচিকা
জীৱনটো মায়াময় !
আৰু সপোনবোৰ ?
সপোনবোৰ মৰিচিকা !
এই ভাঁহি থাকে
আগুৱাই যাওঁ,
কিন্তু বিচাৰি নাপাওঁ.
উত্থান-পতন আৰু জীৱন !
সৌৱা আকৌ এটা পাৰ দেখিছো !
নাজানো,
পাৰ পাইছোঁ, নে
সোমাই পৰিছোঁ !
বলুকাত লুকাই থকা
আৰু এটা মৰিচিকাৰ জালত |
বৈষ্ণৱী গগৈ
email: deepabora1968@gmail.com
পৃষ্ঠা ১৯
জোনাকী পথৰ শুকুলা ৰথ
(১)
মইতো নহয় কোনো মুখাৰ আঁৰৰ মুখ
সপোন এটি খেদি ফুৰা মই এটা গাঁৱলীয়া সুখ...
তুমিতো জানাই,
জোনে বাট হেৰোৱা দিশহাৰা নিশাৰ
মই যেন এক জীয়া কলিজাৰ দুখ...
(২)
জোনাকে সুধিলে, মায়াৰ বজাৰত পোহৰৰ কিমান দাম ?
সূৰুযে ক´লে, তেজ সিঁচি দিয়া, জনমে গাব জীৱনৰ গান...
আকৌ যদি আহে আৱেগৰ ৰূপোৱালী বান ?
সূৰযে ক´লে, তুমি আঘোণত আহিবা,
দেখিবা শাওণৰ বোকোচাৰ সোণাৱালী ধান...
(৩)
কাঁচিজোনৰ চকুলোৰে নিতিতে দূবৰি
জোনাক নবয় মানে,
দূপৰ নিশাৰ সপোন ভাঙে
বিৰহী পক্ষীৰ গানে...
( নিশা কিমান গভীৰ আকাশে জানো জানে ? )
(৪)
দীঘলঠেঙীয়া আবেলিৰ ৰঙচুৱা নৈ
ৰংমন কাই বাৰীৰ ঢাপত ৰ'দে পকা কৰদৈ,
শুকুলা মেঘে কান্দিলেনো কি হ'ব ?
পচোৱা বলিছে যেতিয়া
দেচোন নাৱৰীয়া মেলি দে পানছৈ...
(৫)
ফুটপাথেই আমাৰ জীৱন আৰু জীৱিকা
প্ৰেম, যৌৱন, জীয়াই থকাৰ আহিলা,
হাজাৰটা উজাগৰী নিশাৰ অজান নীৰৱতা...
তথাপি আপোনাৰ দৰে আমি নাপাওঁ বিচাৰি
সৌ নীলিম আকাশৰ মাদকতা...
শ্যামল বৰা
গৱেষক ছাত্ৰ, কটন বিশ্ববিদ্যালয়
যোগাযোগ:- ৯৩৬৫৮৩৫৮৪৭
পৃষ্ঠা ২০
শিপা
ভোগদৈৰ পাৰৰ ভোগালী গাওঁখনৰ মই চিনাকি পথিক ।
চিনাকি বাটবোৰে মই অহালৈ বাট চাই থাকে।
গাভৰু নদীখনে ৰিঙিয়াই মাতে,
সোণগুটী পথাৰখনে মিচিকিয়াই হাঁহে ,
বাটৰ কাষৰ প্ৰতিজোপা গছে দোঁ খাই মোক আলিঙ্গন কৰিব খোজে ,
সেউজীয়া অৰণ্য খনৰ পৰা এজাক চৰায়ে মোক
সমস্বৰে সম্ভাষণ যাঁচে ।
বনৰীয়া ফুলবোৰে মোৰ বাটত সুবাস চঁটিয়াই দিয়ে।
চহা মানুহৰ চহকী হৃদয়বোৰে
মোক মৰম আৰু আশীৰ্বাদ যাঁচে ।
মোৰ চৌপাশে যেন উচ্চাৰিত হয় সঞ্জীৱনী মন্ত্ৰ।
জী উঠো মই পুনঃ পুনস্ব ।
বুকুতে সাঁচি ৰাখিছো আপোন মানুহৰ মৰমবোৰ,
শৈশৱ কৈশোৰ যৌৱনৰ ৰসাল কথাবোৰ ।
মোৰ গাঁৱৰ আলিয়ে-পদূলিয়ে এতিয়াও মোৰ শৈশৱে দেও দি নাচে,
মৰম নদীৰ চিনাকি ঘাটত
এতিয়াও যৌৱনে খিলখিলাই হাঁহে ,
সেউজ দলিচা পৰা মুকলি পথাৰখনৰপৰা
কিৰিলিবোৰ আহি কৰ্ণকুঁহৰত বাজে ।
পাৰ হৈ যায় কত দিন ৰাতি মাহ বছৰ
তথাপি নেহেৰাই মোৰ আপোন ঠিকনা,
তিনিআলিৰ মূৰত যুগ যুগ ধৰি
মূৰ দাঙি ঠিয় হৈ থকা
সৌ বৰগছ জোপাৰ দৰেই
মোৰো আছে মজবুত শিপা ।
মনচুমী কলিতা নাথ
পৃষ্ঠা ২১
এজাৰ ফুলা দেখিলো
অ' চিত্ৰলেখা
তুমি দেখিছানে নাই দেখা ?
অৰণ্যৰ সেউজীয়া হ'ল এজাৰ ফুলীয়া
জেঠৰ ৰিব্ ৰিব্ বতাহৰ
ঘনেপতি ভেটাভেটি
অ' চিত্ৰলেখা ,
কঠীয়া সিঁচা দিনে নিশা
সেউজীয়া সপোনত মতলীয়া
গাঁৱলীয়া কৃষকৰ হিয়া ।
অ' চিত্ৰলেখা ,
বহুদিনে হ'ল তোমাক নেদেখা
নৈৰ ঘাটত শেষ দেখা
ভৰ বাৰিষাৰ নিশা ।
এজাৰ ফুলীয়া
এযোৰ থুৰীয়া
আইতাৰ সাঁচতীয়া ধন !
এজাৰ ফুলিলে
তোমাক দেখিলে
গোপনে দিবৰ মন।
ৰিণ্টু টায়ে
পৃষ্ঠা ২২
চেনাই মই যাওঁ দেই
আজি গ'ল গৈ, অ' আজি সঁচাকৈ
"চেনাই মই যাওঁ দেই"
আপ্তবাক্যশাৰীক সঁচা কৰি তেখেত গ'ল গৈ ;
চিৰকালৰ বাবে চেনাইক এৰি
এক অজান দেশৰ নিজম বাটে।
আজি বাইদেউৰ কোঠাটি নিজম গৈ পৰিছে
আজি নাই তাত তেখেতৰ সুৰ-সুবাস কিম্বা কোকিল কণ্ঠ।
মাথোঁ আছে অকলশৰীয়াকৈ
চেনাইৰ কলিজাটি
আৰু নাহে তেখেত
কোনোকালে চেনেইৰ খবৰ সুধিবলৈ
অথবা চেনাই বাবে গীত জুৰিবলৈ।
সোণৰ খাৰু নেলাগে
আইৰ পৰা তেখেতক;
কিয়নো তেওঁ আইকেই বিচাৰি
অজান দেশৰ নিজম বাটেৰে
খোজ দিলে, এটি হুমুনিয়াহ কাঢ়ি ।
অপূৰ্ব শৰ্মা
দেওমৰনৈ,দৰং
যোগাযোগ নং :- 86382 72612
পৃষ্ঠা ২৩
এগৰাকী নাৰীৰ কথাৰে
জোনাকৰ চোতালত ওমলি জামলি
আইৰ কোলাত সময়ৰ নিচুকণি গীত গাই
শৈশৱৰ মিঠা ধেমালি
মুক্ত এজাক চৰাই হৈ
সপোনৰ বালিঘৰ সাজিবলৈ
অহৰহ প্ৰচেষ্টা
সুখৰ অৰণ্যত পখিলাৰ সন্ধানত
বন্দী হ'লো পৃথিৱীৰ মায়াত
দাপোণত অনন্ত সুখৰ বাসনা বিচাৰ
খেপিয়াই ফুৰিছোঁ গাভৰুৰ শুৱনি পঁজা
কেতিয়াবা যন্ত্ৰণাত জ্বলিছে হৃদয়
উচুপি উঠিছোঁ জীৱন অতিক্ৰমৰ দোমোজাত
কেতিয়াবা প্ৰকৃতিৰ কোলাত
ৰূপৰ বৰ্ণনাৰে সমাহিত
উৰি ফুৰা সাগৰনীলা বিষাদৰ ঠিকনা
বঞ্চনাৰ মেৰপাকত কাৰোবাৰ জ্বলিছে হৃদয়
বিষণ্ণতাৰ বাঁহীৰ সুৰত উভতি চাইছোঁ
তথাপিও মই নাৰী
নষ্টালজিক সপোনৰ টোপালবোৰ সজাইছোঁ
কাৰোবাৰ হেঁপাহৰ বাবে
জীৱনৰ সীমাহীন মৰমৰ দুখোজ
আগবঢ়াব বিচাৰিছোঁ মায়াময় পৃথিৱীৰ কোলাত
কনকলতা, জয়মতী ইত্যাদি
আজিৰ প্ৰতিগৰাকী অনন্যা নাৰীয়ে
নিজৰ স্ব-কীৰ্তিৰে সু-উচ্চ শিখৰত উজলিছে
জীৱনৰ আদিপাঠ বিচাৰি প্ৰতিগৰাকী নাৰী জিলিকি থাকক
আইৰ কোলাত।।
বিকাশ শৰ্মা
পৃষ্ঠা ২৪
বাৰিষা
ওকোল মোকোল পেটেৰে
আকাশ কজলা
মুষলধাৰে নামিব বৰষুণ
শুকান মাটিৰ মেলা মুখত
গৰ্ভৱতী হৈ উঠিব পথাৰ
খেতিয়কৰ উদং পিঠিত
লুণীয়া সপোন
জীপ লৈ উঠিব
সোণতৰাৰ বুকুত
তৰাফুলে
মালা গাঁঠিব
এইবাৰ যে আঘোন
লোদোৰ পোদোৰ হ'ব।
ঝৰ্নালী শৰ্মা বৰকটকী
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
পৃষ্ঠা ২৫
অপেক্ষা
জীৱ শ্ৰেষ্ঠই সকলো কাঢ়ি লোৱাত
ঈশ্বৰৰ বৰ্তমান অৱস্থান বহু দূৰৈৰ
কোনোবা ঠাইত বাবে খবৰবোৰ তেওঁ
পলমকৈ পায় বুলি সিহঁতৰ ধাৰণা।
চকুলোৰে ভোক-পিয়াহ গুচাই
প্ৰাৰ্থনাৰে যোগাযোগ কৰি সিহঁতে
ভৱিষ্যতৰহে ভাত এমুঠি বিচাৰে,
অনাহাৰে থকা বৰ্তমানৰ নহয়
কাৰণ ঈশ্বৰৰ ঘৰ বহু দূৰৈত।
যদিও অপেক্ষা কৰাটো অতিশয়
বিৰক্তিকৰ আৰু বেদনাদায়ক
কিন্তু সিহঁতে জানে যে অপেক্ষাৰ
আঁৰৰ সময়খিনিয়েই সিহঁতৰ জীৱন।
মিনহাজুল আবেদিন
সত্ৰশাল, ধুবুৰী
দূৰাভাষ- ৮১৩৩০৯০১৫৪
পৃষ্ঠা ২৬
উশাহৰ গোন্ধ
সুকীয়া বিশ্ৰম্ভৰ
অবিশ্ৰান্ত ধ্বনি
বুকুত বাজে
ওঁঠত চুমে
গোন্ধতো শিপাইলাহে লাহে
কঁপে পেট
থমকে খোজ,
কুৰুকি কুৰুকি খামুচে বুকু।
চিগাৰেটৰ ধোঁৱাত
সন্ধিয়া চাঁদৰ ফাগুনত
বিচাৰি নাপাওঁ যি;
উশাহৰ গোন্ধত পাওঁ
সেই সমস্ত শক্তি।
আস !
কি যে উন্মাদ অভিব্যক্তি।
তাইৰ আৱক্ষত
হালধীয়াৰ আলিংগন
তাতে বসন্তৰ শেতেলী,
আঁচলত বগাই গোন্ধ।
ভিজে ঘামে ঢিলা খোপাৰ বাউলী চুলি.
যৌৱন সৰে
জীৱন ফুলে
সাঁচতীয়া অনুৰাগৰ
সযতন অভিপ্সাত
আঙুলিয়ে খামুচে জুল্ফি।
গোন্ধ চুহিবলৈ নালাগে
কোনো এন্ধাৰ এচুক,
নালাগে কোনো
নিদ্ৰাভগ্ন নিশাৰ ইতিহাস..
কামনাৰ অভ্ৰ ভেদা,
আশ্বস্ত বুকুৰ দ্বাৰস্থ সপোনত গোন্ধৰ স্বাচ্ছন্দ্যতা
তুমি ভাল পাওঁ বুলি ক'লেই
আৱেগৰ তীৰ খাঁদ ভেদি
ৰক্তই খুন্দিওৱা উশাহত
বিচাৰি পাওঁ গোন্ধ
তুমি হাতত খামুছিলে
তুমি চকুত চকু থ'লে
আৰু তোমাৰ ..!
তোমাৰ আধা তিতা চুলিটাৰিত গজৰা
গুঁজিলেউশাহৰ গোন্ধ বাঢ়ে
ঠিক ডাকোৱালৰ দৰে
উশাহে জেপত আনে আত্মাৰ ঠিকনা..
হেৰ' যান্ত্ৰিক পথিক
ভাগৰ জুৰাবলৈ হুইস্কি নহয়
লৈ চোৱা উশাহৰ সুকীয়া গোন্ধ ।।
কৃষ্ণামণি শইকীয়া
শিৱসাগৰ
পৃষ্ঠা ২৭
বিলাপ
মদিৰা পান কৰিছোঁ
যন্ত্ৰণাৰ মদিৰা।
যন্ত্ৰণাৰ নিচাত
মাতাল মই।
এদিন ময়ে লিখিছিলোঁ
বসন্তৰ কথা ,
ময়ে কৈছিলো ফাগুন আৰু সৰাপাতৰ বেঠা
ময়ে কৈছিলোঁ
মৃত্যু দোকানৰ পণ্য হোৱা হ'লে
প্ৰথম ক্ৰেতা হোৱাৰ কথা ।
আজি মোৰ মৃত্যুক কামনা কৰিবৰ
ইচ্ছা হোৱা নাই
ইচ্ছা যোৱা নাই নীৰৱতাৰ মাজত বিলীন হৈ
অস্তগামী সূৰুযৰ আভা ল'বলৈ।
কিমান আৰু ভাবিম
কিমান কষ্ট পালে মানুহৰ নিজক হত্যা কৰিব মন যায়।
অনৰ্থক
মানুহ মৰিব নোখোজে
মানুহে মৰি হ'লেও জীয়াই থাকিব খোজে।
মই ব্যতিক্ৰম হেনো
বহুতে কয়
কথাটো পিছে হ'বও পাৰে
মই আন বহুতৰ দৰে সৰল ৰেখা ভাল নাপাওঁ
যাৰ গতিপথ এটাই।
আজি ৰ'দ দিছে
যন্ত্ৰণাৰ ৰ'দ।
মই ৰাতিলৈ বৰষুণ কামনা কৰিছোঁ
কাৰণ বৰষুণৰ শব্দৰ তালত
মোৰ বুকুৰ উচুপনি কোনেও শুনা নাপাব।
এদিন প্ৰেমিকাক কৈছিলো
নীৰৱ নহ'বা
নীৰৱতাত মই হেৰাই যাওঁ
বিন্দুৰ পৰা সিন্ধুলৈ।
হয়তো কোনোবা দিনা
নীৰৱতাৰ প্ৰেমত পৰিলে
উভটনী যাত্ৰা
মোৰ বাবে অকল্পনীয় হৈ পৰিব।
প্ৰেমিকাই মোৰ কথা নুবুজিলে,
কেনেকৈনো বুজিব
মই যে সৰল ৰেখা ভাল নাপাওঁ।
নীৰৱতাৰ প্ৰেমত নপৰাৰ
সংকল্প লৈয়ো বিফল মই
এডাল ৰছী
এখন নদী
চাৰিওফালে সেউজীয়াৰ আভা
মৰিব মই খোজা নাই
কেৱল মাৰিব খুজিছোঁ
এজন প্ৰেমিকক...
অস্তৰাগ কাশ্যপ
দূৰভাষ : ৮৪৭৪৮৭১০৯১
পৃষ্ঠা ২৮
এটা দেওলগা প্ৰশ্ন
কলিজাৰ ৰঙাখিনি
ধোঁৱাৰে ধূসৰিত
পৃষ্ঠাত আঁকি আঁকি
প্ৰকৃতি আজি ম্ৰিয়মান ।
নিয়তি ফেঁচাৰ কুৰুলিয়ে
মেঘাচন্ন নীলাভৰ
বুকুত তুলিছে
অনন্ত অনুৰণন ।
জুইমুখী উশাহবোৰৰ স'তে
হিমশীতল সময় বলুকাত
এঙেৰুৱা আন্ধাৰে
ছাঁ -পোহৰৰ
লুকাভাকু খেলিছে ।
কোন জিকিছে
কোন হাৰিছে
সময় বিধাতাই
কৰা গণনাত
তপত উশাহ বোৰে
একোটাহত কবিতাৰ জন্ম দিছে ।
বেগাই পেলোৱা খোজ বোৰে
ভলঙাত পৰি কেঁকাইছে ।
ভাল পথ ক'ৰ পৰা
ডিঙি মেলি দূৰলৈ
চাওঁতেই সূৰ্যাস্তত
বিনিদ্ৰ ৰজনী
এৰজনী
দুইৰজনী।
অনন্ত ৰজনী।
অসমা টুংখুঙীয়া
নামতি ।
পৃষ্ঠা ২৯
ভালপোৱা
হয়তো মোৰ বুকুত সংগোপনে বাঢ়ি আহিছে
ভালপোৱাৰ এজাক কোমল বতাহ
অজানিতে, মনে মনে...
ৰৈ ৰৈ বাজি আছে আকুল প্ৰেমৰ ৰাগ বসন্ত
বুকুৰ আপোন জনক জানো ক'ব লাগে
"আই লাভ ইউ"
আপোন জনে নকলেও বুজে মনৰ বেথা
দুচকুৰ প্ৰেমৰ পৰিভাষা,
হয়তো মই বিচাৰোঁ
মই তোমাৰ বাবে আৰু তুমি মোৰ বাবে
এটি মিঠা চিনাকি সুহুৰি হোৱা ...
নীলাঞ্জনা গগৈ
যোৰহাট
পৃষ্ঠা ৩০
আন্ধাৰত পোহৰৰ বাট
আন্ধাৰত পোহৰৰ বাট
এটা দিন লাগে..
এই বিনিদ্ৰ ৰজনীৰ
অন্ধ অপেক্ষাৰ অন্তত
প্ৰত্যুষৰ আৰু এটা নতুন দিন...
নাহিবনে !
নাহিবনে সেই দিন
যেতিয়া মই, মোৰ
জীৱনৰ অবিচিত্ৰ কাহিনীৰে
এখনি অপ্ৰাচীন মহাকাব্য ৰচিম !
নে মেলিবলৈকে থাকি যাব
কাহানিও নেমেলা বহু অধ্যায় !
নিশ্ছিন্ন হ'ব নেকি
শৰীৰৰ অন্ত:পুৰত !
নতুবা
শোণিত আৰু সিৰাৰ
ঘৰ্ষণত উৎপন্ন অগ্নিকণাত
দহন হ'ব নেকি
নেদেখুৱা বহু ক্ষোভ, অভিমান
আৰু উত্তেজনাৰ !
নে নিদিয়াকৈয়ে থাকি যাব
অন্যায়, অত্যাচাৰ আৰু
অভিসন্ধিৰ বহু বিৱৰণ!
থাকক, থাকে যদি নিলিখাকৈয়ে
অসাধাৰণ হ'ব পৰা
সাধাৰণ এই জীৱনৰ মহাকাব্য।
হওঁক, হয় যদি ক্ষয় সেই বাক্য
যি হ'ব পাৰে
অনাগত সময়ত
পৰিপক্ক কাহিনীৰ অক্ষয় দুৰ্বাক্য ।
আঁৰ কাপোৰ পৰিব,
ৰঙ্গমঞ্চত হ'ব
নাটকৰ ক্লেশহীন সমাপ্তি,
নহ'বনে ইয়াতেই আকৌ
মহাৰ্ঘ জীৱনৰো সলিল-সমাধি !
আন্ধাৰতে বিচাৰি পাওঁ আজি
পোহৰৰ বহু বাট; ক্ষান্ত হওঁ
মই আৰু মোৰ পৃথিৱী..
যুকিয়াই-মেলি থওঁ তাতে
বিশৃঙ্খল বহু চিন্তাৰ পৰিধি ।।
মৌচুমী গগৈ
ঠিকনা:মাৰ্ঘেৰিটা(অসম)
যোগাযোগ: 6900286847
পৃষ্ঠা ৩১
কাকেনো লওঁ সাৱটি
কাকেনো লওঁ সাৱটি !
বুকুৱে আঁজুৰি ।
এই জীৱনৰ আবেলি ।।
দূৰণিৰ বন্ধু মোৰ ।
দূৰণিতে লুকাল ।
চিনাকী জন মোৰ '
কৰণিতে হেৰাল ।
ক'ত যাওঁ কি ' কৰোঁ ?
ক'তে যাওঁ বিচাৰি !
ভাৱনাই ধৰিছে আবৰি ।
তপত চকুলোত মোৰ ।
হেজাৰ শোণিতেৰে ভৰা !
ৰিক্ত হৃদয়ত অলেখ ভাষা ।
বিষণ্ণতাৰ বুকুৰ মাজত ;
লক্ষ্যহীন আজি 'মই'---।
এতিয়া আৰু নালাগে তোমাৰ !
মৰহা ফুলৰ পাহিৰ গন্ধ ।
তপন দাস
তিনিচুকীয়াবৰগুৰি নশ্নৰাই গাওঁ
ভ্ৰাম্যভাষা-৮০১১৮৫০০৪১
পৃষ্ঠা ৩২
অসম ভিত্তিত সদৌ অসম ছাত্ৰ সমাজে আয়োজন কৰা
অসমীয়া সাহিত্য আৰু সাংবাদিকজগতৰ মহীৰূহ
শ্ৰদ্ধাস্পদ হোমেন বৰগোহাঞি দেৱৰ সোঁৱৰণত অনুষ্ঠিত কৰা
কবিতা প্ৰতিযোগিতাৰ ফলাফল সমূহ--
প্ৰথম স্থান প্ৰাপ্ত- প্ৰাৰ্থনা গগৈ
মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়।
দ্বিতীয় স্থান প্ৰাপ্ত- সুদশন কৌশিক শৰ্মা,
কটন বিশ্ববিদ্যালয়
তৃতীয় স্থান- চুমী মহন্ত
যোৰহাট।
বিচাৰকৰ বিশেষ বটাঁ- নিহাল গগৈ ,
অসম কৃষি বিশ্ববিদ্যালয়।
ক/ প্ৰথম স্থান প্ৰাপ্ত কবিতা
মাটিৰ মানুহজন গ'লগৈ
জীৱনৰ জটিল কথাবোৰ সৰল কৰি
খোকোজা নলগাকৈ বুজাই দিয়া
মাটিৰ মানুহজন গ'লগৈ
কোনোদিনেই উভতি নহাৰ প্ৰতিশ্ৰুতিৰে
তৰাৰ দেশলৈ।
সাহিত্যৰ সাগৰত মেলি দিয়া নাওখনিৰে
ভটিয়াই গ'লগৈ তেওঁ,
অসম্ভৱক সম্ভৱ কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল তেওঁৰ
প্ৰজ্ঞাৰ সাধনাৰে জিনিছিল সকলোৰে হৃদয়।
সিদিনা আহিছিল তেওঁ
চাৰিকড়ীয়াৰ চিনাকী চুবুৰীলৈ,
আপোন আপোন গন্ধই লৈ গৈছিল নৈৰ কাষৰ সেই সৰিয়হৰ দলিছালৈ;
হালধীয়াৰ সতে কথা পাতিছিল বহু সময়,
জীৱন জীয়াৰ,
নীৰৱে, অকলে।
তেখেতৰ কলমত আছিল এক সঞ্জীৱনী শক্তি,
সাহস আছিল অসম আৰু অসমীয়াৰ।
উকা হৈ পৰিল এখন বেলি যেন চোতাল,
সাহিত্যত বোলাব নোৱাৰে আৰু কেতিয়াও হেঙুল-হাইতাল।
তৰাৰ দেশত কুশলে থাকক মানুহ হ'বলৈ শিকোৱা মাটিৰ মানুহ,
যুগে যুগে অমৰ হৈ ৰওক হে মহান পুৰুষ।
খ/ দ্বিতীয় স্থান প্ৰাপ্ত
চিন্তা জগতৰ কলম্বাচ
মৃত্যু যদি অনুষ্ঠানিকতা
তেখেত মুখ্য অনুষ্ঠান
পোহৰক পাহৰে কোনে
সপোন গগনাতীত হ'লে
আকাশ মাথোঁ বিলাস
কৰ্ম সূৰুযমুখী আকাশীযান
চিন্তা ঝৰ-ঝৰ জলপ্ৰপাত
অবিশ্ৰান্ত, অগতানুগতিক
ঢকুৱাখনাৰ ধুমুহা ! শব্দ-বাক্যৰ
ঢাহি-মুহি, ধাৰাসাৰ
ফ্ৰয়ড সপোনৰ ব্যাখ্যাত থাকিছিল
আপোনাৰ কলমেৰে বাগৰি আহিছিল
সমালোচনা
নাৰীবাদ নে নাৰী বাদ ?
আঘাত লগা প্ৰশ্ন
নেৰুডালৈ এৰিছোঁ
সাহিত্য, সাংবাদিকতা
বিশ্বকোষ, কৰুণাধাৰা
চাৰিকড়িয়াৰ চাৰিটা কড়ি দান
সাউদৰ পুতেকে নাও মেলি যায়...
পৃষ্ঠা ৩৩
গ/ তৃতীয় স্থান প্ৰাপ্ত
হোমেন বৰগোহাঞি
আত্মাৰ সন্ধানী হে পুণ্যাত্মা,
তোমাৰ অৱদানতেই 'মৎস্যগন্ধা'ৰ সুগন্ধি বিলাই,
বোকোচাত উঠি চাৰিওদিশে চাই
'সাউদৰ পুতেকে নাও মেলি যায় '।
কোনোবা আন্ধাৰ গলিত আজিও
বহু 'সুবালা 'ই ' বিষণ্ণতাক কোলাত লৈ
' নিসংগতা'ক আপোন কৰে
বহু জনৰ মাজত থাকিও সংগোপনে ।
'সৰল জীৱন সুখী জীৱন' উপভোগৰ বাবে
' উচ্চাকাংক্ষা'কো সঠিক পথত বাচনি কৰাৰ
পথ প্ৰদৰ্শক তুমি,
' বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি'ক সাক্ষী কৰি
তুমিও কৰিলা অলেখ কীৰ্ত্তি।
' কিশোৰ সাৰথি ' তুমি 'অস্তৰাগ'ৰ প্ৰতিমূৰ্ত্তি
'আধুনিক যুগৰ জন্ম কাহিনী' শুনাই তুমি
দিলা আমাক 'প্ৰজ্ঞাৰ সাধনা'ক প্ৰজ্বলিত কৰি।
'মানুহ হোৱাৰ গৌৰৱেৰে' 'গদ্যৰ সাধনা' কৰা
তুমিয়েই অসমৰ অন্যতম এক পুণ্যাত্মা
তোমাৰ নামতেই উচৰ্গিত
মোৰ এই কবিতা।
ঘ/ বিচাৰকৰ বিশেষ বঁটা
সময়ৰ হাতত টোকাবহীখন
( শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি চাৰৰ চৰণত)
এজন আপোচহীন লেখকৰ মৃত্যুত
ম'হঘুলি চাপৰিত বিষাদৰ বন্যা বোৱা দেখি
শালিকাৰ জাকটোৱে
ম'হজাকৰ কান্ধত বহি কাণে কাণে ক'লে
তেওঁ গ'ল গৈ...
ইচ্ছা মৃত্যু কলমটোৰ চিয়াঁহী শুকাল
বতাহৰ লগত মিলি গ'ল প্ৰাণবায়ু।
মূধচটো খহি পৰাত হতবাক মানুহবোৰে চিঞৰি উঠিল
যাওঁ বুলিয়েই ক'তনো হেৰাই গ'ল মানুহটো ?
বেলি লহিয়ালে এন্ধাৰ নামে
এন্ধাৰৰ বুকুত উজ্জ্বল তৰা থাকে
কোনে জানে তৰাবোৰ আঁতৰি গ'লে
জোনাক হ'বলৈ কিমান পৰ লাগে ?
লেখকৰ মৃত্যুত ক্ষতি হয় পাঠক
ক্ষতিগ্ৰস্ত পাঠকৰ অশ্ৰুৱে ভিজি যায়
টোকাবহীৰ উকা কাগজ...।
সেই লেখকজন এদিন আহিব..!
তেওঁৰেই লিখনিত উটি ভাহি আকৌ এবাৰ লেখিব,
চিৰন্তন বাস্তৱ,
মৃত্যুত পৰিব পাৰে লেখক
কিন্তু লিখনিবোৰ ৰৈ যায় অমৰ হৈ সময়ৰ হাতত।
পৃষ্ঠা ৩৪
অনুভৱঃ
শৈশৱৰ ধেমালি
বহাগ মাহৰ পৰা আৰম্ভ হোৱা বৰষুণত বাৰীৰ চুকে কোনে টোৰটোৰাই থকা ভেকুলীয়ে বাৰিষাৰ বতৰা দিয়ে। বৰষুণৰ তালে তালে ভেকুলীৰ টোৰটোৰণীৰ লগে লগে কৃষকৰ লগতে গছ-বণ, চৰাই-চিৰিকতিৰো হৃদয়ত যেন উখলমাখলৰ সৃষ্টি হয়। ধূলী মাকতিৰে ভৰপূৰ ধৰাইও যেন আনন্দ উল্লাসত মিচিকিয়াই হাঁহে। বাৰিষা আকৌ আহিল সকলোৰে মন সতেজ কৰিবলৈ। এতিয়াও এজাক দোপালপিটা বৰষুণে লৈ যায় শৈশৱৰ আমেজসনা দিনবোৰলৈ। কিযে মধুৰ আছিল সেই দিনবোৰ নাই কোনো কৃত্ৰিমতা। আকাশৰ পৰা নামি অহা দোপালপিটা বৰষুণজাকে ঘৰৰ নাওৰাত পৰি সৃষ্টি কৰা নৈ সদৃশ পানীত দাদা আৰু ভাইটিৰ লগত কাগজৰ নাওঁ সাজি খেলা সেই দিনবোৰলৈ মনত পৰে।বৰষুণৰ ফলত ৰাস্তাৰ দুই কাষে থকা পুখুৰী পাৰ পানীৰে ভৰপূৰ হোৱাত গৰৈ, শ'ল, কাৱৈ মাছবোৰ বগাই পাৰ হওঁতে ধৰি কিমান যে ফূৰ্ত্তি লাগে । ঘৰৰ আগফালে থকা পথাৰ খনত পানী হ'লে জপিয়াই থকা পুঠী, খলিহনা, শিঙৰা মাছবোৰ মাৰ চাদৰেৰেই ধৰা দিনবোৰলৈ আকৌ ঘুৰি যাবলৈ মন যায়। চৌদিশে শাওণৰ মায়াৱী গোন্ধ । প্ৰকৃতিয়ে সজাই শাওণৰ সৌন্দৰ্য্যৰ সঁফুৰা । মহাবাহু বহ্মপুত্ৰও যেন গৰ্ব্বতে ওফন্দি উঠে। বৰষুণ আৰম্ভ হোৱা লগে লগেই আহাৰৰ পৰা শাওণ মাহত ঘৰখনত কিযে উখলমাখল সৃষ্টি হয়।কাহিলী পুৱাতে দেউতা, খুৰাহঁত কান্ধত নাঙল, হাতত কোৰ লৈ যোৱা আৰু মায়ে লৰালৰিকৈ চাহ জলপান দি আলপৈচান ধৰা সেই প্ৰাকৃতিক পৰিৱেশৰ দিনবোৰ কেৱল সাধু হৈ ৰৈ গ'ল।
শাওণ মানেই ব্যস্ততা ।ঘৰখনত যেন কাৰোৰে জিৰণি ল'বলৈ, অকনমান বহি উশাহ ল'বলৈও সময় নাই । ইমান খিনি কষ্ট কৰিও মা-দেউতাই হাঁহিমুখে সুন্দৰ কৈ ঘৰখন চলাই নিয়াটো সঁচাকৈয়ে অনুকৰণীয়। বাৰীৰ ধাপত থকা কঁঠাল, আম, লেটেকু, বগৰী, মধুৰিআম, জামু আদি পকি আমোল-মোলাই থকা সেই মিঠা মিঠা গোন্ধ বোৰ যেন এতিয়াও নাকৰ পৰা যোৱা নাই । পথাৰৰ পৰা ধৰি অনা মাছ আৰু বাৰীৰ ঢেকীয়া ঔটেঙা দি মায়ে জুটি লগাই ৰন্ধা জোল কণলৈ মনত পৰিলে এতিয়াও লোভ লাগে ।
যুগৰ পৰিবৰ্তনৰ লগে লগে বাৰিষাৰ চিনাকি ছবিখনলৈও অৱধাৰিত ভাৱে আহিছে পৰিবৰ্তনৰ ধুমুহা। সেউজী পথাৰৰ চিনাকি ছবিখন বিলুপ্তি হ'ব ধৰিছে। তাৰ ঠাইত ডাঙৰ ডাঙৰ অট্টালিকা উঠিছে। ভৱিষ্যতে অকনমান মুকলি বতাহ ল'বলৈও যেন ঠাই নোহোৱা হ'ব।
আশাজ্যোতি শইকীয়া
পৃষ্ঠা ৩৫
নিসংগতাৰ দিনলিপি
নিসংগতা কি ? সঁচাই আজি বুজিছোঁ। নিসংগতা মানে এইটো নহয় যে মোৰ কোনো নাই। মাক-দেউতা ,ভাইটী -ভণ্টী ,দাদা বাইদেউ সকলো আছে। কিন্তু সকলো থাকিও মই আজি অকলশৰীয়া অনুভৱ কৰিছো ।
কিমান দিন যে হ' ল বিদ্যালয়ৰ লগৰীয়া বোৰ নেদেখা । বিদ্যালয়ত হাঁহি -ধেমালি কৰা সেই দিনবোৰলৈ আজি বৰকৈ মনত পৰিছে। কেতিয়া উভতি আহিব সেই দিনবোৰ ?
আকৌ ঘূৰাই পামনে বিদ্যালয়ত গৈ শিক্ষা গ্ৰহণ কৰা, লগৰবোৰৰ লগত হাঁহি -ধেমালি কৰা দিনবোৰ ?
আগতে সঁচাই অনুভৱ কৰা নাছিলো নিসংগ ভাৱে জীৱন কটোৱা কিমান কঠিন।
কিন্তু সঁচাই আজি মই বুজি পালো। মই আশা কৰোঁ অতিশীঘ্ৰে ঘূৰি আহক সেই দিনবোৰ, লগৰ বন্ধুৰ সৈতে খেলা-ধূলা হাঁহি-ধেমালি কৰা দিনবোৰ। নে সদায় এনেদৰে পাৰ কৰিব লাগিব নেকি ?
ঘৰতে থাকি এক সংগহীন জীৱন।
মৌচম প্ৰিয়ম নাথ
তেলিয়াল গাঁও।
পৃষ্ঠা ৩৬
শিশু বিশেষঃ
সেউজীয়া মনৰ আধাৰ
সেউজীয়া মানেই যেন এক হেঁপাহ। ই মাথোঁ এটা ৰং নহয়।এই ৰঙে আমাৰ মনত সম্ভাৱনাৰ আশা সিঁচে। আমি আশাবাদী হওঁ এই ৰঙৰ উজ্জ্বলতাত।
কুঁহিপাতে যেতিয়া প্ৰকৃতি সজাই, তেতিয়া এই ৰঙে চৌদিশে বাহৰ পাতে আৰু আমি মুগ্ধ হৈ পৰোঁ ।কোমল সেউজীয়াবোৰ চাই চাই আমাৰ হেঁপাহ নপলায়।আমি যেন গৈ থাকিব বিচাৰোঁ সেউজভৰা পৃথিৱীখনৰ গভীৰৰ পৰা গভীৰতালৈ। য'ত মনৰ শুকান ভাববোৰে, জীৱনৰ নিৰস কথাবোৰে আমাক হতাশ কৰাৰ পৰিবৰ্তে আমাৰ মনত গঢ় লৈ উঠে নতুন আশা আৰু স্বপ্নয়।
সেউজবিহীন পৃথিৱীত জীৱৰ অস্তিত্ব যে শূন্য সেইয়া আমাৰ সকলোৰে জ্ঞাত। সেয়ে আজি কালি সকলোতে এটাই শ্ল'গান- সেউজী পৃথিৱী গঢ়ো আহাঁ। এতিয়া আমাৰ এটাই লক্ষ্য পৃথিৱীখন সেউজীয়াই ভৰাই তোলা। ই এটা মহান উদ্দেশ্য। এই উদ্দেশ্যত আমি এদিন সফল হ'ব পাৰিলেহে জীৱকুলৰ বসতি সম্ভৱ হৈ থাকিব। এই সময়ে আমাক যেন ভালকৈ বুজাই দিছে যে সেউজীয়া আভাৰ গুৰুত্ব কিমান! এখিলা পাত , এজোপা গছ, জাক জাক চৰাইৰ মূল্য এতিয়া কি ? আমি বুজি উঠিছো। কেৱল বুজিলেই জানো সকলো ঠিক হ'ব। আমি সকলো মিলি সেউজীয়া ৰঙেৰে আমাক পৃথিৱীক ঘন কৰি ৰাখিবপাৰিব লাগিব।নহয়জানো!
আমি যেতিয়া সেউজীয়াক প্ৰতিপালন কৰিম, তেতিয়া আমাৰ কণমানিহঁতেও আমাৰ পৰা এই কথা বুজি উঠিব যে সেউজীয়া নহ'লে আমাৰ জীৱন স্থবিৰ। এমুঠি সেউজীয়াই যিদৰে নিৰ্মল বায়ু দান কৰি উশাহ লোৱাত আমাক সহায় কৰে। একেদৰে এই সেউজীয়াই আমাৰ হৃদয়কো সুস্থ কৰাত অৰিহণা যোগায়। শাৰীৰিকভাবে সুস্থ হোৱাৰ লগতে আমি মানসিক ভাবে সুস্থ হ'বলৈ হ'ল। আমি কিন্তু সেউজীয়াৰ লগত বন্ধুত্ব কৰাটো খুবেই জৰুৰী। কাৰণ সেউজীয়াই আমাক নতুন সপোন ,আশা, হেঁপাহ সঞ্চাৰ কৰে। ই যেন মনৰ হালধীয়া চিন্তাক সৰাই তাত নতুন ভাবনাৰ জন্ম দিয়ে।
প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি সেউজীয়া ৰং সকলোৰে প্ৰিয়।এই সেউজীয়াক ভালপোৱা মন এটা সৰুৰে পৰা শিশুৰ মাজতো গঢ়ি তুলিব লাগে। ই আমাৰ দায়িত্ব। সেউজীয়া ভালপোৱা শিশু এটাই সদায় নিজৰ আশে পাশে থকা ঠাইবোৰ সেউজময় কৰিবলৈকে বিচাৰিব। ইয়ে এদিন পৃথিৱীক হেৰাই যোৱা সেউজীয়া ঘূৰাই দিব পাৰিব।প্ৰকৃততে সেউজীয়াৰ বুকুতে এধানি সুখে বাহ সাজি আছে।প্ৰকৃতিৰ সেউজীয়াই প্ৰশান্তি বিলাই, হৃদয়ৰ সেউজীয়াই অনাবিল সুখ দিয়ে। আমি যিদিনাই এই সেউজীয়া খিনি চাবলৈ শিকোঁ সিদিনাৰ পৰা নিজক ,আনক আৰু জীৱনক আগতকৈ বেছি ভালপাবলৈ লওঁ। গতিকে আমাৰ লগতে উঠি অহা প্ৰজন্মক সেউজীয়াৰ মহত্ব বুজাই দিয়াতো অত্যাৱশ্যকীয়।
ৰাজশ্ৰী বৰা
গোলাঘাট।
পৃষ্ঠা ৩৭
ভ্ৰমন কাহিনীঃ
মোৰ ভ্রমণ ডায়েৰী : ১৭
ধনুষখোড়ী ৰামেশ্বৰম
'ৰামেশ্বৰম' মন্দিৰৰ পৰা উভতি আহি আমি দুপৰীয়াৰ সাজ খাই কিছু সময় জিৰাই-শঁতাই ধনুষখোড়ী ( Danushkhodi ) Beach অভিমুখে ৰাওনা হৈছিলোঁ ৷ মন্দিৰৰ পৰা ইয়াৰ দূৰত্ব প্রায় ২০ কিঃমিঃ ৷ মাত্র আধা ঘণ্টাৰ পাছতেই আমি গন্তব্যস্থলত উপস্থিত হৈছিলোঁগৈ ৷ এই স্থানৰ পৰিৱেশ ভিন্ন আছিল ৷ যোৱাৰ পথত প্রথমতে ডাঙৰ ডাঙৰ সেউজীয়া গছ-গছনি দেখা পাইছিলোঁ ৷ সৰু সৰু ঘৰ থকা গাওঁ দেখিবলৈ পাইছিলোঁ যদিও ডাঙৰ পকীঘৰ এটাও দেখা পোৱা নাছিলোঁ ৷ লাহে লাহে ডাঙৰ গছ-গছনিবোৰ নেদেখা হৈ পৰিছিল আৰু সৰু-সুৰা দোকান দেখা পাবলৈ ধৰিছিলোঁ ৷ সেই ঠাইত হেনো গীর্জাঘৰ আছিল ৷ চুনামীয়ে সকলো উটুৱাই নি গীর্জাঘৰৰ কোনো চিন-চাব নোহোৱা কৰি দিছিল ৷ সেয়েহে সেই ঠাইক Ruined Church বুলিও কোৱা হয় ৷ কিছুসময়ৰ পাছতেই ৰাস্তাৰ দুয়োকাষে বিশাল দুখন সাগৰ দেখা পাইছিলোঁ ৷ আমাৰ বাওঁকাষে থকা সাগৰখন শান্ত আৰু তাৰ পানী গাঢ় নীলা ৰঙৰ আছিল ৷ সেইখন আছিল বঙ্গোপসাগৰ ( Bay of Bengal ) ৷ এইখনক মহিলা সাগৰ অর্থাৎ Female Sea বুলিও কোৱা হয় ৷ আনহাতে সোঁফালৰখন কিছু অশান্ত আৰু উগ্র ৷ এইখনক পুৰুষ সাগৰ অর্থাৎ Male Sea বুলি কোৱা হয় ৷ তাৰ পানীৰ ৰং কেতিয়াবা নীলা আৰু কেতিয়াবা কিছু কিছু সেউজীয়া ৰং যেন লাগিছিল ৷ সেইখন আছিল আৰৱ সাগৰ ৷ সাগৰ দেখাৰ লগে লগে ল'ৰা-ছোৱালীকেইটাই পানীত নামিবলৈ উৎপাত লগাইছিল ৷ আমি শুকান কাপোৰ লগত লৈ অহা নাছিলোঁ , পুৱা ভাগত সাগৰৰ পানীত গা ধোৱাৰ উপৰিও ২২টা কুণ্ডৰ পানীৰে কেবাবাৰো শৰীৰ তিয়োৱা হৈছিল ৷ অসুখ হোৱাৰ সম্পূর্ণ ভয় আছিল ৷ গতিকে গধূলি পুনৰ গা ধোৱাৰ পৰিকল্পনা যিহেতু নাই , সেয়েহে লগত কাপোৰৰ টোপোলা এটা কঢ়িয়াই অনাৰ কি প্রয়োজন বুলি ভাবিছিলোঁ ৷ কিন্তু ল'ৰা-ছোৱালীকেইটাৰ মনৰ উৎসুকতা দেখি গাড়ীখন এঠাইত ৰখাই বাওঁফালৰ সাগৰৰ পানীৰ ফালে আগুৱাই গৈছিলোঁ ৷ ৰাস্তাৰ দুয়োফালে শিলেৰে বন্ধা ওখ মথাউৰি আছিল ৷ সেয়া নেওচি আমি বঙ্গোপসাগৰৰ নীলিম শান্ত পানীত ভৰিকেইখন তিয়াবলৈ ধৰিছিলোঁ ৷ মা-দেউতায়ো সাগৰৰ পানীত হাত-ভৰি তিয়াই বালিচ'ৰৰ এঠাইত বহি থাকিল ৷ আমাৰ ল'ৰা-ছোৱালীহালে সাগৰৰ পানীত খেলিবলৈ ইচ্ছা প্রকাশ কৰিছিল ৷ সিহঁতক বাধা দিছিলোঁ যদিও ক'ত শুনিব , ঢাপলি মেলিলেই ৷ আমাৰ বাপেক -পুতেক আৰু মহাই পুৰুষ হোৱাৰ সুবিধা লৈ কম কাপোৰেৰেই নিজৰ ব্যৱস্থা কৰি সাগৰৰ পানীত নামি সেই সময়কণ উপভোগ কৰি লৈছিল ৷ ছোৱালীজনীক মই বাৰে বাৰে বাধা দিয়া দেখি মাকজনী হৈ সন্তানৰ আনন্দত বাধা দিয়া বুলি মোৰ ওপৰত দেউতাকে খং কৰিছিল ৷ আনহাতে দুয়োপক্ষৰ উপস্থিতিত এওঁৰ সতে মই বৰ বেছি তর্কাতর্কি কৰিব নোৱাৰা হৈ আছিলোঁ ৷ তাৰে সুযোগ লৈ ছোৱালীজনীয়ে ইতিমধ্যে সাগৰৰ পানীত শৰীৰৰ কাপোৰ তিয়াই পেলাইছিল ৷ মোৰ মনে মনে চিন্তা হৈছিল পানীৰ পৰা উঠি অহাৰ পাছত কি পিন্ধাম বুলি ৷ কিন্তু সেই চিন্তা মুখত তিলমানো দেখুওৱা নাছিলোঁ ৷ কেৱল মনে মনে ঈশ্বৰৰ নাম লৈ আছিলোঁ ৷ পানীৰ পৰা উঠি অহাৰ পাছত গাড়ীৰ ভিতৰত থৈ অহা মোৰ সদায় কঢ়িওৱা মোনাটোত খুছৰি-খুছৰি ছোৱালীজনীৰ T-shirt এটা আৰু গামোছা এখন পাই মনত কিছু সকাহ পাইছিলোঁ যদিও , ছোৱালীজনীৰ এই নতুন সাজ শহুৰৰ ঘৰৰ পক্ষৰ মানুহৰ মনঃপুত হোৱা নাছিল ৷ সেয়েহে লগে লগে মোৰ সৰু মাহী শাহুৰ মুখৰ পৰা এষাৰ টেঙা কথা ওলাই পৰিছিল ৷ ' সৰু ল'ৰা-ছোৱালীৰ মাকবোৰ অকণমান দায়িত্বশীল হ'ব লাগে ! এনেকুৱা ঠাইলে আহিলে ল'ৰা-ছোৱালীৰ কাৰণে সদায় এপদ কাপোৰ লৈ আহিব লাগে ৷' তেওঁলোকৰ পৰা মই সদায় অকৃত্রিম মৰম পাই আহিছোঁ যদিও কথাষাৰ শুনি মনতে ভাবিলোঁ শাহুৱেক সকলে সুযোগ পালেই বোৱাৰীয়েকক অনাহকত এষাৰ টেঙা কথা নুশুনালে শান্তি নাপায় নেকি ! অৱশ্যে একেষাৰ কথা মোৰ মায়ে কোৱাহেঁতেন নিশ্চয় সিমান নিবিন্ধিলেহেঁতেন ৷ এইবোৰ প্রকৃততে আমাৰ দৰে সাধাৰণ লোকৰ মানবীয় দোষ-গুণ ৷ এনেকুৱা ক্ষেত্রত কোনোধৰণৰ প্রতিক্রিয়া ব্যক্ত নকৰি নুশুনাৰ ভাও জুৰাটোৱে শ্রেয় ৷ ( মই নিজৰ শাহু আইক কোনোদিনে দেখা পোৱা নাছিলোঁ , মোৰ বিবাহৰ দুবছৰ পূর্বে তেখেতৰ মৃত্যু ঘটিছিল ৷ সেয়েহে এইগৰাকী মাহী শাহুয়ে মোৰ শাহুৰ স্থান গ্রহণ কৰিছিল ৷) ছোৱালীজনীৰ কাপোৰ সলাই তাইৰ তিতা কাপোৰ ৰ'দ পৰিলে কিছু হ'লেও শুকাব বুলি , নিজৰ মূৰত ওৰণিৰ দৰে লৈ থাকিলোঁ ৷ তাত পুহ মাহতো বতৰ মুঠেই ঠাণ্ডা নাছিল , ৰ'দো চোকা আছিল ৷ আধাঘণ্টাৰ ভিতৰত বহুখিনি শুকাই গৈছিল ৷ সেয়েহে তাইক পুনৰ সেইবোৰকে পিন্ধাই দিছিলোঁ , কাৰণ তাই বৰ অস্বস্তি অনুভৱ কৰি আছিল ৷
বঙ্গোপসাগৰৰ শান্ত পানীৰ পৰা উঠি আহি ৰাস্তাৰ আনটো পাৰে অর্থাৎ আমাৰ সোঁফালে থকা আৰৱ সাগৰৰ ফালে ঢাপলি মেলিছিলোঁ ৷ তেতিয়ালৈকে সেই ঠাইত বহুতো পর্যটকৰ সমাগম ঘটিছিল ৷ ৰাস্তাৰ কাষত নাৰিকল বা ডাব পানী , সতেজ আম , আনাৰস আদি কাটি বিক্রী কৰি আছিল ৷ আন পর্যটকসকলৰ দৰে আমিও সেইবোৰ কিনি খাইছিলোঁ ৷ সাগৰৰ বালিত Scooter Ride কৰাৰ ব্যৱস্থা আছিল যদিও আমি সেইবোৰত আগ্রহ প্রকাশ কৰা নাছিলোঁ ৷ কাৰণ সেই ঠাই সাঁতুৰিব নজনা লোকৰ বাবে সুৰক্ষিত নাছিল বুলি আগজাননী দিয়া আছিল ৷ তাৰ মুখ্য কাৰণ আছিল আৰৱ সাগৰৰ উগ্র ঢৌবোৰ ৷ ল'ৰা-ছোৱালীবোৰৰ সুৰক্ষাৰ দায়িত্বত কোনো বাধা নপৰক বুলি মোৰ ডাঙৰ মাহী শাহুৱে মোৰ আৰু ল'ৰা-ছোৱালীকেইটাৰ চেণ্ডেলবোৰ দাঙি ফুৰিছিল ৷ মা-দেউতায়ো সিহঁতৰ ওপৰত বিশেষ চকু ৰাখিছিল ৷
আমি আৰৱ সাগৰৰ পানীতো সাৱধানেৰে হাত-ভৰি তিয়াই লৈছিলোঁ ৷ তাতে অশোক চক্রও দেখা পালোঁ ৷ তাৰ পাছত সমুখৰ ফালে আগবাঢ়ি গৈ গৈ ভাৰতৰ শেষ প্রান্তত ( Southern tip of India ) উপস্থিত হৈছিলোঁগৈ ৷ আমাৰ চকুৰ পোনে পোনে আছিল ভাৰত মহাসাগৰ ( Indian Ocean ) ৷ এই স্থানত তিনিখন সাগৰৰ সঙ্গম হৈছে ৷ তিনিওখন সাগৰৰ পানীত আমি আত্মীয় -স্বজনৰ সতে খেল-ধেমালি কৰিবলৈ পাই বৰ আনন্দ লভিছিলোঁ ৷ তামিল ভাষাত ইয়াক Arichal Munai বুলি কোৱা হয় ৷ শুনামতে বিভীষণৰ কথামতে এই ঠাইতে শ্রীৰামচন্দ্রই ৰামসেতু ভঙ্গ কৰি দিছিল ৷ তিনিওখন সাগৰৰ পানীৰ সঙ্গম স্থল , ভাৰতৰ শেষ সীমাত উপস্থিত হৈ আমি নিজকে বৰ ভাগ্যৱান বুলিও অনুভৱ হৈছিল ৷
১৯৬৪ চনৰ পূর্বে এই স্থানত ঘন বসতি আছিল ৷ ১৯৬৪ চনৰ প্রচণ্ড ঘূর্ণীবতাহে এই স্থান ধ্বংস কৰি পেলাইছিল ৷ বর্তমান এই ঠাইত জনবসতি নাই ৷ এই স্থানক ভূতৰ চহৰ ( Ghost town ) বুলিও কোৱা হয় ৷ ইয়াৰ পৰা ৰাম সেতু আৰু Adam's Bridge View Point দেখা পোৱা গৈছিল ৷ Adam's Bridgeক শ্রীৰামচন্দ্রৰ বানৰ সেনাই সজোৱা সেতু বুলি ধাৰণা কৰা হয় ৷
শমীষ্ঠা বৰ্মন
নতুন দিল্লী
পৃষ্ঠা ৩৮
নীলাখামৰ চিঠি ঃ
মৰমৰ বাস্তৱ,
ভোগালীৰ শেষত ফাগুন অহাৰ বাটত, হৃদয়ৰ উশাহত তুমি তুমি অনুভৱ এটাই জোকাৰি যায় ! তোমাৰ হিয়াৰ পলাশ-শিমলু ফুলা কথাবোৰে আজিও মোৰ হিয়াত শিপা হৈ খামুচি আছে জানা ! তোমাৰ বুকুত সদায় আলফুলে উমলি থকাৰ সপোনত বাউলী হৈ আছিলোঁ মই...
কিন্তু এখন ধূসৰ পৃথিৱীত মোৰ হৃদয়খন থেকেচি থেকেচি বিপৰ্যস্ত কৰি আঁতৰি গ'লা ! আজিও নুবুজিলো ইয়াৰ ৰহস্য ! উদাস উদাস সন্ধিয়া বোৰে বুকুত বৰকৈ খোচা-বিন্ধা কৰে। তুমি নাই যে ! আঃ মৰম-ভালপোৱাৰ অনুৰাগ থকা সেই আবেলি-সন্ধিয়া বোৰে যে হৃদয়ৰ কোণত জ্বলন্ত আঙঠা হৈ এদিন যন্ত্ৰণা দি থাকিব ভাবিবই পৰা নাছিলোঁ !
আজি বিষণ্ণতাৰ পদূলিত ৰৈ নিৰস-নিষ্প্ৰাণ ভাৱে যন্ত্ৰণাৰ পাঠশালাত পাৰ কৰিছোঁ দিন আৰু ৰাতি। মোৰ আশাবোৰ হাঁহি কৰিব খুজিলে ধূসৰ হয় ক্ষণ...
বিপৰ্যস্ত জীৱনৰ কাহিনী আৰু নুশুনাও। সামৰি থওঁ বুকুত, তোমাকো সামৰিলোঁ আজীৱন বাস্তৱ...
তোমাৰ কঁহুৱা
জ্যোতিমণি শইকীয়া
টেকেলা গাঁও, যোৰহাট।
পৃষ্ঠা ৩৯
কথোপকথনঃ
চতিয়াৰ পৰা ৰাজধানীলৈ
ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়া, লেখক
শ্ৰী হিৰণ্য বৰাৰ সাক্ষাৎকাৰ
শ্ৰী বৰা দেৱ জয় জয়তে আপোনাক অঙ্গনৰ মজিয়ালৈ উষ্ম আদৰণি জনালোঁ। আপোনাৰ কৰ্মৰাজীৰে আপুনি স্বনাম ধন্য। সেয়ে আমি আপোনাৰ জীৱন যাত্ৰাৰ সম্পৰ্কে দুটি কথা আমাৰ অঙ্গনৰ পাঠক সকলকো জনাও বুলি ভাবি আজি আপোনাৰ কাষ চাপিলো। মহোদয় আমাৰ প্ৰথম প্ৰশ্ন আপোনালৈ...
প্ৰশ্নঃ সকলোৰে জীৱনৰ বিশেষ এটা কাল হ'ল নিজৰ শৈশৱ কালটো । আপুনি আপোনাৰ শৈশৱ কাল কি দৰে পাৰ কৰিছিল ? আপোনাৰ সপোন আছিল নে সেই সময়ত ?
বৰা দেৱঃ মোৰ পিতৃ -মাতৃ দুয়োজন শিক্ষক - শিক্ষয়িত্ৰী আছিল । বিশেষ কাম নাথাকিলে ঘৰৰ পৰা বিনা কাৰণত ওলাই যোৱাৰ সুবিধা আমি পোৱা নাছিলোঁ । মা-দেউতাৰ অনুমতি নোলোৱাকৈ খুব কমকৈ গাৱঁত আমি ঘূৰিব পৰিছিলো কাৰণ গাঁওখনৰ সকলোৱে মোক আৰু মোৰ জ্যেষ্ঠ ভাতৃক নামেৰে নাজানিলেও মুখ দুখন দেখি আমি কাৰ ঘৰৰ ল'ৰা গম পাইছিল আৰু ঘৰত নজনাকৈ গাওঁত ঘুৰিব নোৱাৰাৰ সেইটোও এটা বিশেষ কাৰণ আছিল । মই আন ল'ৰাৰ দৰেই খুব সাধাৰণ ভাৱে মোৰ নিজৰ শৈশৱ কাল পাৰ কৰিছোঁ । নিজৰ ঘৰৰ বাগিছাত ফল-মূল থাকিলেও বেলেগৰ ফল- মূলৰ বাগিছাত মনে মনে গৈ গৃহস্থৰ অনুমতি নোলোৱাকৈ ফল-মূল পাৰি খাইছিলোঁ। শৈশৱ কালৰে পৰা প্ৰতিযোগিতাৰ মাজেৰে নিজকে আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলোঁ।
ছাত্ৰ হিচাপে মই যথেষ্ট অধৈৰ্য্য আছিলোঁ ,কাৰণ একেটা স্থানত মই বেছি দেৰি বহি থাকিব নোৱাৰো আৰু অধৈৰ্য্য হোৱাৰ ফলত ছাত্ৰ অৱস্থাত মই এজন শিক্ষকৰ পৰা ৪ৰ্থ শ্ৰেণীত সদায় এছাৰিৰ কোব খাব লগা হৈছিল । মই মোৰ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলতকৈ নিজকে অলপমান হলেওঁ পৃথক বুলি ভাবোঁ কাৰণ মই একমাত্ৰ ছাত্ৰ যি ৪ৰ্থ শ্ৰেণীত ১০০০এছাৰিৰ কোব খাব লগা হৈছিল অধৈৰ্য্য হোৱাৰ বাবে । কিন্তু দুখৰ কথা আজিও মই মোৰ এই বেয়া অভ্যাসটো সলনি কৰিব নোৱাৰিলোঁ । আজিও ১০ মিনিটতকৈ অধিক সময় মই একেদৰে বহি থাকিব নোৱাৰোঁ । ছাত্ৰ হিছাপে মই বিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ যেনে তৰ্ক প্ৰতিযোগিতা , কবিতা আবৃত্তি প্ৰতিযোগিতা ইত্যাদি। কিন্তু সেই ক্ষেত্ৰ সমূহত মই বিচৰা ধৰণে সফলতা লাভ কৰিব পৰা নাছিলোঁ । অৱশেষত সকলোবোৰ বাদ দি কেৱল দুটা কামত মনোযোগ দিলোঁ কিতাপ পঢ়া আৰু চুটি গল্প লেখাত । লেখা মেলাৰ পৰা মই লাহে- লাহে সকলোৰে মৰম পাবলৈ সক্ষম হৈছিলো । মই সদায় পৃথককৈ কামবোৰ কৰিবলৈও চেষ্টা কৰিছিলোঁ আৰু ঠিক এইদৰেই মই মোৰ জীৱনৰ শৈশৱ কাল পাৰ কৰিছোঁ ।
প্ৰশ্নঃ অসমৰ চতিয়াৰ পৰা ৰাজধানী দিল্লীলৈ আপোনাৰ এই যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল ?
বৰা দেৱঃ এই যাত্ৰা যথেষ্ট কঠিন আৰু দীঘলীয়া আছিল । প্ৰতিদিনে মই সংগ্ৰাম কৰিব লগা হৈছিল , যথেষ্ট অসুবিধাৰ মাজেৰে মই নিজকে আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলোঁ । মই বহুতো আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। যি কোনো প্ৰকাৰে মই ১৯৭৬ চনত কটন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু মোৰ কিতাপ কিনিবলৈও হাতত ধন নাছিল , সেইসময়ত কটন মহাবিদ্যালয়ত ক্লাছসমূহ ইংৰাজীত হৈছিল আৰু মোৰ বাবে বুজিবলৈ প্রথম অৱস্থাত যথেষ্ট অসুবিধা হৈছিল আৰু ঠিক এইদৰে হাতত ধন নথকাৰ ফলত কোনো বিষয়ৰ এখনো কিতাপ নিকিনাকৈ , ইংৰাজী ভাষাত হোৱা ক্লাছসমূহৰ ফলত মোৰ পৰীক্ষাত নম্বৰ যথেষ্ট কম আহিছিল । কিন্তু পাছলৈ ৰাষ্ট্ৰীয় স্কলাৰশ্বিপৰ সহায়ত মই কটনত আগবাঢ়িলো । পাছলৈ দিল্লী বিশ্ববিদ্যালয়তো আৰম্ভণিত মই কটনৰ দৰেই সমস্যাসমূহৰ সন্মুখীন হ'ব লগা হৈছিল । আৰ্থিক ভাৱে দুৰ্বল হোৱাৰ বাবেই বহুতো সমস্যাৰ সম্মুখীন হৈ যুঁজ দিছিলোঁ । কিন্তু ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত প্রথমবাৰতেই সফলতা অৰ্জন কৰিবলৈ মই সক্ষম হৈছিলোঁ । ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষা দিয়াৰ পূৰ্বেই মই অধ্যয়ন কৰা কটন বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিলো ।
প্ৰশ্নঃ কটনীয়ান হিৰণ্য বৰাৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ ।
বৰা দেৱঃ কটন কলেজলৈ সেইসময়ত মই এজন সাধাৰণ গাঁৱলীয়া ল'ৰা হিছাপে পঢ়িবলৈ আহিছিলোঁ । এতিয়াও " সাধাৰণ গাঁৱলীয়া ল'ৰা " এই শব্দকেইটা মোৰ লগত লৈ ফুৰো । মই নিজৰ মাতৃভাষা , ইংৰাজী, হিন্দীৰ লগতে ভাৰতবৰ্ষৰ ৯ টা বিভিন্ন ভাষা ক'ব জানো আৰু বুজি পাওঁ । মোৰ আৰু এটা সপোন আছে যে মই আগলৈও আৰু ভাষা শিকিব পাৰো। মোৰ জীৱনত কটন কলেজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । কটনে মোক ভাল কামৰ জৰিয়তে মানুহৰ অন্তৰ জয় কৰিবলৈ শিকালে। প্ৰথম অৱস্থাত কটনে মোৰ জীৱনত ইমান ডাঙৰ ভূমিকা পালন কৰিব বুলি ভবা নাছিলোঁ। কিন্তু পাছলৈ মই ' কটনীয়ান ' ৰ সম্পাদক হলোঁ । মই প্ৰথম মেছৰ ( বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ হোষ্টেল) মনিতৰ আছিলোঁ। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ মই কটন কলেজৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিলো। কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় পৰিসংখ্যা বিষয়া হিচাপে নিযুক্তি লাভ কৰাৰ পাছত কটন কলেজৰ অধ্যাপক পদ ত্যাগ কৰিছিলোঁ । এই বিভাগটোৰ বিষয়া হিচাপে মই বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ সুবিধা পাইছিলোঁ । মই ছুপ্ৰিম কোৰ্টৰ সদস্য আছিলোঁ , ন্যায়লয়ৰ বিচাৰক হিচাপে নহয় এজন পৰিসংখ্যা বিষয়া হিচাপে। ভাৰত চৰকাৰৰ পৰিসংখ্যা বিষয়া হিচাপে মই ১০ খন দেশত ভাৰতবৰ্ষৰ হৈ অংশগ্ৰহন কৰিছোঁ। এই সকলোবোৰ কটন কলেজৰ বাবেই সম্ভৱ হ'ল বুলি মই ভাৱো । কটন কলেজৰ পৰা লাভ কৰা প্ৰেৰণা আৰু উৎসাহৰ বাবেই সকলো সম্ভৱ হৈ পৰিল ।
প্ৰশ্নঃ বেলেগ ৰাজ্যৰ তুলনাত ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ছাত্ৰ ছাত্ৰীৰ সফলতা খুবেই কম । আমি কি দৰে আমাৰ যুৱ প্ৰজন্মক এইধৰণৰ পৰীক্ষা সমূহত সফলতাৰ পথত আগবঢ়াই নিব পাৰো ?
বৰা দেৱঃ যিকোনো অসামৰিক সেৱাৰ পৰীক্ষা কঠিন । কিতাপ সমূহে আমাক পৰীক্ষাটোৰ বাবে প্ৰস্তুতি কৰাত সহায় কৰিব পাৰে। কিন্তু আমাৰ নিজৰ কষ্ট আৰু একাগ্রতাৰ ফলত আমি সফলতা লাভ কৰিব পাৰিম। খুব কম সংখ্যক আসনৰ বাবে এই পৰীক্ষাত ছাত্ৰ ছাত্ৰী সকলে যুঁজ দিয়ে সেইবাবে এই পৰীক্ষাৰ বাবে কেৱল পঢ়িলেই নহ'ব পঢ়াৰ লগতে স্মাৰ্ট , বুদ্ধিমত্তা থকা মানুহ হ'ব লগিব । অসমৰ বিষয়ে মই এটা কথাই ক'ম ছাত্ৰ ছাত্ৰী যি সকলে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই তেওঁলোকে ভাল দৰে পঢ়া শুনা কৰক। নিজৰ বিষয়ত ' মাষ্টাৰ' নোহোৱা লৈকে পঢ়া।
প্ৰশ্নঃ কিতাপ লিখি আপুনি যথেষ্ট ভাল পায়। ভাৰতৰ প্ৰধান মন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীয়ে যোৱা কিছুদিন পূৰ্বে আপোনাৰ কিতাপ উন্মোচন কৰিলে । লেখক হিছাপে সফল বুলি নিজকে ভাৱে নে ?
বৰা দেৱঃ মই এতিয়াও নিজকে এজন সফল লেখক হিচাপে নাভাবো । এজন সফল লেখক হোৱাৰ যাত্ৰা এতিয়াও বহু দূৰ । এজন সফল লেখক হিচাপে স্বীকৃতি পোৱা মোৰ লক্ষ্য নহয় , কিন্তু অসম আৰু অসমীয়াক ইংলেণ্ড আৰু ইংৰাজীৰ দৰে বিখ্যাত কৰা হে মোৰ মূল লক্ষ্য । অসম আৰু অসমীয়াক বিশ্বৰ বুকুত মোৰ লিখনি সমূহৰ জৰিয়তে চিনাকি কৰোৱাৰ পাছত হে নিজকে মই নিজেই এজন সফল লেখক হিচাপে ভাবিম । মই মূলা গাভৰু , জয়মতী , চন্দ্ৰপ্ৰভা শইকীয়ানী , নলিনীৱালা দেৱী , নিৰ্মলপ্ৰভা বৰদলৈ , নিৰুপমা বৰগোহাঞি আদিৰ বিষয়ে বিশ্বক জনাব বিচাৰোঁ । মই বৰ্তমানলৈকে ১২ খন প্ৰকাশিত কিতাপ আৰু ১৮০ খন ই বুক প্ৰকাশ কৰিছোঁ আৰু তাৰে ভিতৰত অন্যতম " চন্দ্ৰপ্ৰভা - দা আয়ৰণ লেডী অফ আসাম " ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰিছিল আৰু তেওঁ মোক আৰু লিখি যাবলৈ উৎসাহিত কৰিছিল। তেওঁক মই সেই সময়তে কথা দিছিলোঁ যে ভাৰতবৰ্ষৰ সফল নায়িকা সকলৰ বিষয়ে যিসকলে ভাৰতখন আগবঢ়াই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তেওঁলোকক মই বিশ্বৰ বুকুত চিনাকি কৰোৱাবলৈ চেষ্টা কৰিম । বৰ্তমান মোৰ এই বিষয় সমূহত কাম চলি আছে।
প্ৰশ্নঃ এজন সফল ভাৰত চৰকাৰৰ বিষয়া হিছাপে আপোনাক সকলোৱে জানে , এজন সফল লেখক হিচাপেও আপোনাক সকলোৱে জানে । ইয়াৰ পাছত আপোনাৰ কি ধৰণৰ পৰিকল্পনা আছে ?
বৰা দেৱঃ এজন বিষয়া হিচাপে মই ৰাইজৰ সেৱা সদায় কৰি আহিছোঁ । উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবেও কাম কৰি আহিছোঁ । লেখক হিচাপে মই যিদৰে পাৰো পাঠকৰ মাজত তথ্য সহকাৰে লেখাসমূহ আগবঢ়াই দিওঁ । মোৰ নিজৰ এখন কিতাপৰ কাহিনীৰ আলমত অসমীয়া , হিন্দী আৰু ইংৰাজী ভাষাত তিনিখন ছবি নিৰ্মাণ কৰাৰ ইচ্ছা আছে। সফল লেখক হিচাপে আগবাঢ়িব পাৰিম নে নোৱাৰো নাজানো, কিন্তু এজন সফল ছবি নিৰ্মাতা হোৱাৰ মোৰ যথেষ্ট ইচ্ছা আছে ।
প্ৰশ্নঃ যুৱ প্ৰজন্মৰ প্ৰতি আপোনাৰ এটি বাৰ্তা ।
বৰা দেৱঃ সফলতা লাভ কৰিবলৈ হ'লে সদায় কষ্ট কৰিব লাগিব । ইতিবাচক চিন্তাৰে নিজকে আগবঢ়াই নিব লাগিব । যদি কষ্ট কৰাৰ ক্ষমতা থাকে , স্মাৰ্ট ৱৰ্ক কৰিব পৰাৰ ক্ষমতা থাকে , ইতিবাচক চিন্তাৰে আগবাঢ়িব পৰা ক্ষমতা থাকে তেন্তে কোনেও সফলতা লাভ কৰাৰ পৰা বঞ্চিত নহয় ।
আপোনাক অশেষ ধন্যবান মাননীয় বৰা দেৱ। আপোনাৰ মন্তব্যৰ পৰা আমাৰ পাঠক বন্ধু সকলৰ লগতে যুৱপ্ৰজন্মৰ যথেষ্ট উপকাৰ হ'ব বুলি আমি ক'ব পাৰোঁ। মহোদয় আপুনি আপোনাৰ বহুমূলীয়া সময়ৰ অকণমান সময় আমাক দি যি উপকাৰ কৰিলে তাৰ বাবে আমি অঙ্গনৰ পৰিয়ালটি আপানাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ'ম। শেষত আজিৰ এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে পুনৰ বাৰ আপোনাক আন্তৰিক ধন্যবাদ জনাই আমি আমাৰ সাক্ষাৎকাৰ অনুষ্ঠানটিৰ সামৰণি মাৰিলোঁ। ধন্যবাদ
সাক্ষাৎগ্ৰহণঃ
অংকুৰ কলিতা
গণ মাধ্যম আৰু সাংবাদিকতাৰ ছাত্ৰ
ভ্ৰাম্যঃ ৬০০২১৪৭৫৪৯।
পৃষ্ঠা ৪০
খুহুটীয়া গল্পঃ
নবখুৰা আৰু আমি
নবখুৰা আহিছে ঐ
এইবুলি কৈ মা পাকঘৰ সোমাল ৷ মায়ে জানে নবখুৰা আহিলে আমাৰ কাৰো পঢ়াশুনা নহয় ৷ নহয় মানে নকৰোঁৱোই , সেইদিনা দেউতাইও একো নকয় ৷
আমি খুৰাক বেঢ়ি ধৰোগৈ ৷ আমি মানে মই আৰু ভণ্টি, বৰদেউতাৰ ল’ৰা দাদা দুজনৰ লগতে আমাৰ ঘৰত থকা গৰু গাই চোৱাচিতা কৰা মহেন ৷
ওচৰৰ ৰমেন আৰু বিটুলো পাইহি ৷ নবখুৰা ৰসৰ ভঁৰাল ৷ সৰু সৰু কথা কি যে সোৱাদ লগাকৈ কয় কি ক’ম ৷
যক্ষ ৰক্ষ ভূত ভূতুনীৰ কাহিনীৰ পৰা বাঘ সিংহ ভালুকৰ স’তে লগা তেওঁৰ
ভয়ানক যুদ্ধবোৰৰ শিহৰণকাৰী বৰ্ণনা
শুনি কেতিয়াবা দেউতাই ৰমেনহঁতক ঘৰত থৈ আহিব’লগা পৰিস্থিতি হয় ৷
দেউতাই কোৱা মতে নবখুৰা এটা সময়ত দেউতাহঁতৰ ঘৰত হালোৱা আছিল ৷
দেউতাতকৈ মুঠেই দুই একবছৰৰ সৰু ।
মহা তীখৰ আছিল হেনো ৷
বাঘৰ আগতেল খোৱা ৷
সময়ৰ পাকত নবখুৰাই নতুনকৈ ভঙা মাটি ধৰিলেগৈ। পা পৰিয়াল সহ তাতে বাস কৰে ৷ অৱশ্যে আজিলৈকে তেওঁ পৰিয়ালৰ কাকো আমাৰ ঘৰলৈ অনা নাই ৷ মাথোঁ ছমাহ বছেৰেকত এপাক আমাৰ ঘৰলৈ আহি দুই চাৰিদিন থাকি যায় ৷ নবখুৰা আমাৰ ঘৰত থকাকেইদিন আমি দুইটা পৰিয়ালৰ ল'ৰা ছোৱালীসোপাই মা আৰু দেউতাৰ পৰা পঢ়াৰ নামত গালি শুনিবলৈ নাপাওঁ ৷
কেটেপা ধনু চিলা কি কি যে আমাক তেওঁ বনাই নিদিয়ে ৷
সন্ধিয়া পাছফালৰ চৌকাৰ কাষত বহি গল্প গুজবেৰে পাৰ হয় সময়বোৰ ৷ সেয়েহে নবখুৰা আহিছে বুলি গম পালে আমি আটাইকেইটাই হাততে সৰগ ঢুকি পাওঁ ৷
আজিও ব্যতিক্ৰম নহ’ল ৷ এপ্ৰিল মাহ যদিও বতৰ ঠাণ্ডা ৷ মায়ে পাছফালৰ
চৌকাত জুই ধৰি চাহৰ কেটলী তুলি দিয়া মাত্ৰ আমি চৌকাৰ চাৰিওপিনে আসন গ্ৰহণ কৰিলোগৈ ৷
মই ভণ্টিকে মুখ্য কৰি আমাৰ গোটেই গেংটো উপস্থিত হ’লোঁ ৷ গলখেকাৰি মাৰি নবখুৰাইও মুখ্য আসন গ্ৰহণ কৰিলহি ৷
গল্প গুজব আৰম্ভ হ’ল ৷ আমাক তাতে এৰি দেউতাই চাৰিআলিৰ পৰা মাছ আনিবৰ বাবে ওলাই গ’ল ৷
নবখুৰাই চিঞৰি ক’লে বোলে মাছ আন’ যদি ডাঙৰ মাছ আনিবি ৷ মই এই সৰু মাছবোৰ কাইটৰ ভয়তে খাবলৈ এৰিলোঁ ৷ সকলো আহিল যদিও ৰমেন অহা নাছিল ৷ হঠাৎ সি ওলালহি ৷
আহিয়েই ক’লে বোলে গাৱঁৰ সিমূৰৰ বৰগছজোপাৰ ভূতুনীজনীয়ে এইকেইদিন বৰ দিগদাৰ দিছে ৷ বৰগছৰ সিটো পাৰে থকা জীৱনৰ দোকানৰ পৰা ঘুৰি অহা মানুহক ভাল জ্বালা দিছে ৷ মায়ে দোকানলৈ কেৰাচিন তেল আনিবলৈ পঠাইছিল ৷ কোনোমতেহে সেইখিনি পাৰ হৈ আহিছোঁ ৷
সি কঁপি জপি আমাৰ মাজত বহিলহি ৷
নবখুৰাই ঢেকঢেকাই হাঁহিলে বোলে হেৰৌ এইকন পিত লৈ মতাল’ৰা হৈছ’নে আমি কত জখিনী ভূতুনীৰ চুলিত ধৰি চোঁচোৰাই চোঁচোৰাই মাৰিলোঁ ৷ বৰগছত বান্ধি কোনোদিন নাহিবি বুলি শপত খুৱাই খেদিলো । ধুৎ কাম নাই তহঁতৰ বাপেৰক সুধিবিচোন বালিচাপৰিৰ কাঠনিৰ মাজত কেইটা বাঘ ভুকুৱাই সিফলীয়া কৰিলোঁ ৷ আমাৰ মেলা মুখ মেলাতে থাকিল ৷ তেনেতে ৰঙাচাহ আৰু গুৰৰ প্লেট লৈ
অহা মায়ে চাদৰৰ তলতে খুকখককৈ হাঁহিলে যেন লাগিল ৷ নবখুৰাই একে কামোৰে গুৰডোখৰ চোবাই চাহত শোহা মাৰিলে ৷
দুটা ভাপত দিয়া পিঠা একেলগে মুখত
ভৰাই উকমুকাই কিবা এটা কবলৈ মুখ মেলিলে ৷
বোলে নবৌ সি আহিলনি (দেউতা)? জীয়া মাছ সদায় টেঙাৰ সৈতেহে জানিব’ দেই।
মায়ে হাঁহি এটা মাৰি জানো জানো বুলি পাকঘৰ সোমাল ৷
চাহতাহ খাই গলখেকাৰি মাৰি খুৰাই পুনৰ আৰম্ভ কৰিলে ৷
বোলে কি কৈ আছিলোঁ মই অ অ অ
বাঘ অ বাঘৰ কথা
এবাৰ টো পোৱালি থকা ভালুক এজনীয়ে মোক ফল’ কৰিছিল তোৰ সেই বকলীয়া ঘাটৰ হাবিত ৷ লগৰবোৰ চব পলাল মই বোলো কেলে পলাম তাই আহি পজিছন ল’লে। মোক এটেক কৰিবলৈ ৷ ময়ো ল’লো পজিছন বাকীবোৰে গছে গছে উঠি চাই আছে ৷ এপাকত আহিল খেদা মাৰি ময়ো ৰৈ থকা ভকত নহয় গ’লো উৰি যোৱাদি
তোৰ সেই চক্টিমানটো যোৱাদি
গৈ তাইক যিকেইটা গেমেৰা ভুকু দিলোঁ ভালুকীয়ে সেই ভাগেই মুখ মেলি পৰি দিলে ৷
আমি অবাক ইমান সাহ ! মোৰটো সেই গোন্ধোৱা ভোবোলা ছাগলীটোৱে খেদা মাৰি আহিলই জীয়টো ওলাই যাব যেন লাগে ৷
মনে মনে লাজ পাই ৰমেনে ক’লে বোলে নহয় মানে খুৰা জীৱজন্তুৰ কথা বাৰু বেলেগ কথা কিন্তু ভচত ভূতুনী বুলিলে কিন্তু মোৰ ভয় লাগে দেই ৷
ইইইইইই.........
ভূতৰ লগত খেলখনত
হে আচল মজাটো আছে
নব খুৰাই ধেকধেকাই হাঁহি ক’লে ৷ সেইবোৰ কাহিনী আজি উলিয়াবলৈ হ’লে ৰাতি বাৰ’ বাজিব’ ৷ ইপিনে ৰন্ধাবঢ়া হ’ল যেনেই লাগিছে ৷ পাকঘৰৰ পৰ অহা মাছ আৰু বিলাহীৰ জোলৰ মিঠা গোন্ধটো নাকেৰে দীঘলকৈ টানি খুৰাই কৈ উঠিল ৷ ভৰদুপৰীয়া পথাৰৰ মাজৰ বৰগছৰ কেইজনী যখিনীক যে চুলিত ধৰি সৈ কঢ়াই খেদিলো ঐ ৷ নিজৰ কথাত খুৰাই নিজেই হাঁহিলে ৷
ইতিমধ্যে আন্ধাৰে চৌকাশ গ্ৰাস কৰিছিল ৷ মই এবাৰ বাঁহনিলৈ আৰু এবাৰ খুৰালৈ চাই যেনতেন বহি আছোঁ ৷
তেনেতে আমাৰ পাছফালে থকা ডাঠ বাঁহনিখনৰ পৰা মৰমৰকে শব্দ এটা ভাঁহি আহিল ৷ ৰমেনৰ লগতে বাকীসোপাৰো বুকু কপি গ’ল ৷ গাৱঁৰ মূৰৰ বৰগছৰ ভূতুনী জনী পালেহিয়েই নেকি ৷
কিছু মুহূৰ্ত পাৰ হ’ল কি নহ’ল হোৰহোৰাই শব্দ কৰি বাঁহনিৰ পৰা বগাকে কিবা এটাই আমাৰ ফালে খেদি অহা দেখিলো ৷ কোনেও কাকো চোৱা নাই ৷ ভয়ত মা ঔ
দেউতা ঔ চিঞৰি ভিতৰলৈ দৌৰিবলৈ চেষ্টা কৰিলোঁ ৷ কিন্তু ভৰি নচলে ৷ কোনোবাটো যদি পাকঘৰৰ দুৱাৰমুখত লুটি খাই পৰিছে
কোনোবাটোৱে আকৌ মাক বজ্ৰ লেপৰ দৰে ধৰিলেগে ৷ ভণ্টিয়ে দাদা অ' মই মৰিলো বুলি মোৰ চাৰ্ট ফালি যোৱাকে
টানি ধৰিলে ৷
মা দেউতা দৌৰি আহিল ৷ কি হ’ল ? কি হ’ল বুলি ? বুজাইমেলি ধমকি চমকি দি
আমাক বুজাই টৰ্চ জ্বলাই বাৰীত ভূতুনী বিচাৰিবলৈ ধৰিলে ৷ আমি আটাইকেইটা মাৰ ওচৰত পাক ঘৰত টাপ মাৰিলোঁ ৷ মায়ে দবিয়ালে বোলো আৰু শুনিবি
ভূতৰ কাহিনী ৷ নব আহি ঘৰ সোমাল কি নোসোমাল তাহাঁতৰ ভূতৰ কাহিনী শুনিবলৈ তত নাই ৷ ভয়পাদুৰা বোৰ ইচ ইচ ইচ বৰ লাজৰ কথা এই ছোৱালীকেজনীৰ আগত লাজ লগা নাই তহঁতৰ।
আমাৰ এটাৰো মুখত মাত নাই । লাজত দুখত ৷ তেনেতে দেউতাই আহি ক’লেহি বোলে
ৰত্ন হঁতৰ চেউৰীজনীহে হেৰৌ
তহঁতৰ সেই ভূতুনী জনী ৷
বাৰীৰপৰা দৌৰি ওলাই আহোঁতেই তহঁতি ভূতুনী বুলি ভাবিলি ৷ দেউতাৰ মুখত কথাষাৰ শুনিহে বুকুৰ ঢপঢপনি মাৰ গ’ল ৷
এতিয়াহে মনত পৰিল নবখুৰা ক’ত গ’ল ? এইবাৰ আটাইকেইটাই নবখুৰাক বিচাৰি বাৰীখন টহিলং কৰিলোঁ ৷ প্ৰায় আধাঘণ্টা মানৰ মূৰত আমাৰ বাৰীৰ আটাইকৈ ওখ তামোলজোপাত উঠি ঈশ্বৰৰ নাম লৈ থকা অৱস্থাত নবখুৰাক উদ্ধাৰ কৰা হ’ল ৷
সেইদিনা ভাত খাওঁতে ৰাতি বাৰ’ বাজিল কাৰণ নবখুৰাক তামোল গছৰ পৰা নমাবলৈ বহুত কাকুতি মিনতি কৰিব লগা হ’ল ৷
ভাত খাই থাকোতে নব খুৰাই ক’লে দেউতাক উদ্দেশ্যি তোৰ সেই চেউৰী ফেউৰী একো নহয় বুইছ’ ৷ আচলবিধেই পাইছিলহি ৷ মই এনেই তামোল গছত উঠা নাই ৷ তহঁতবোৰ ভিতৰ সোমোৱাত
চিধা মোকে ধৰিলেহি ৷ মই তাইক যিটো টেটুচেপা দিলোঁ তাইৰ চকু ধেল খাই গ’ল আৰু মোক এৰি তামোল গছত উঠিল ৷ মইতো এৰি দিয়া ভকত নহয় ৷ তাইৰ পিছে পিছে কাকিনি তামোলৰ আগ পালোগৈ বাপ্পেকে ৷
দেউতাই মোলৈ চাই চকু টিপিয়ালে ৷
লগতে ময়ো ৷
কৃষ্ণাময়ুৰী হাজৰিকা
তিতাবৰ, যোৰহাট ৷
পৃষ্ঠাঃ ৪১
ৰেচিপিঃ
গাজৰৰ পায়স
উপকৰণঃ
গাজৰ ২৫০ গ্ৰাম
গাখীৰ ২ লিটাৰ
চেণি২৫০ গ্ৰাম
কিচমিচ ,ইলাচি,তেজপাত ৷
ৰন্ধন প্ৰণালীঃ
ৰুকনিৰে গাজৰখিনি মিহিকৈ ৰুকি লৈ উতলি থকা গাখীৰত দি দিয়ক ৷ তেজপাত দিয়ক ৷ গাখীৰ আৰু গাজৰ ঘন হৈ আহিলে চেণি আৰু কিচমিচ কেইটা দিয়ক ৷ গাখীৰ আৰু গাজৰৰ মিশ্ৰনটো ঘন হৈ আহিলে ইলাচিৰ গুৰি দি নমাই থওঁক ৷
ঠাণ্ডা হ’লে পৰিৱেশন কৰিব ৷
গীতাশ্ৰী শইকীয়া
যোৰহাট, ৰজাবাৰী ৷
পৃষ্ঠা ৪২
গল্পঃ
অপ্ৰাপ্তি
পবিত্ৰ নাথ
মাজুলী
Spotify ত বাজি আছে "জ্বলিলা জ্বলিলা বুকুতে অগনি"
"দাদা চিগাৰেট এটা দিয়ক"
চিগাৰেট হুপি হুপি খোজ কাঢ়ি গৈ থাকোঁতেই হঠাৎ সন্মুখৰ পৰা এখন বাইক পাৰ হৈ গৈছে। অনিবাশ দুৱাৰালৈ বাইকৰ পাছৰ চিতৰ পৰা এটা আবেগিক চাৱনি। খাই থকা চিগাৰেটৰ টুকুৰাটো পেলাই মৌনতাৰে পুনৰ ৰুমলৈ খোজ লয় অবিনাশে।
: আপুনি আজি ৰুম লৈছে নেকি ?
: হয় ,মই আজি আহিছোঁ। মই ইয়ালৈ নতুনকৈ আহিছোঁ। গড়কাপ্তানি বিভাগত নতুনকৈ যোগদান কৰিছোঁ।
: অহ্ । নমস্কাৰ মোৰ নাম বিক্ৰম জ্যোতি গগৈ মই ইয়াত থকা চাৰি বছৰ হ'ল।শিক্ষকতা কৰোঁ ।
: অ' মই অবিনাশ দুৱাৰা। আপোনাক লগ পাই ভাল লাগিল। পাছে পৰে ভালকৈ ল'গ পাম।
:নিশ্চয়
দুয়োৱে নিজৰ নিজৰ ৰুমলৈ খোজ ল'লে।
বিছনাত পৰি পুনৰ Spotify ত বাজিবলৈ আৰম্ভ কৰিলে জ্বলিলা জ্বলিলা বুকুতে অগনি ...। বিছনাখনত পৰি আকৌ পুৰণি সপোনৰৰ মাজত অবিনাশ। আজি ৩ বছৰৰ পাছত সি তাইক দেখা পালে । তাই মানে প্ৰাক্তন প্ৰেমিকা হিমাদ্ৰী । তাৰ ওচৰৰ পৰা যি গ'ল কেতিয়াও দেখা নাই । অসংখ্য সপোন আছিল তাৰ তাইক লৈ। ক্ৰিং ক্লিক এনেতে WhatsApp মেচেজ
:ভালে আছা ?
:উম্ বিন্দাছ। তোমালোকৰ ভাল ?
:ভাল ভাল। তুমি আমাৰ ইয়ালৈ আহিলা নেকি ?
:আজি আহিলোঁ । কেনেকৈ জানিলা ?
:সন্ধিয়া এওঁৰ লগত টাউনৰ পৰা আহোঁতে তুমি খোজকাঢ়ি আহি আছিলা।
:অহ্। চিনি পালা ।
:কি যে কোৱা । কিয় নাপাম
:উম্ ।
এনেকৈয়ে অসংখ্য কথা
:হ'ব দিয়া ।ভালকৈ চলিবা ok bye
: bye থিক আছে
তিনি বছৰৰ পাছত তাইৰ লগত কথা হৈছে। এনেতে ম'বাইলত সময়টো চকুত পৰিল ১০ বাজিবলৈ মাত্ৰ পোন্ধৰ মিনিট বাকী । একে জাপে বিছনাৰ পৰা নামি পাকঘৰত সোমাল।
: যাবলৈ ওলালা
"অবিনাশে পাছলৈ ঘুৰি চাই দেখে বিক্ৰম "
: উম্ ওলালো । মই অলপ সোনকালে যাব লাগিব আজি প্ৰথম দিন তাতে মই অট'ত যাব লাগিব ।
: মোৰ লগতে যাব পাৰিবা ।
: আপুনি জানো মোৰ অফিচৰ ফালে যাব ।
: উম্ তোমালোকৰ অফিচৰ পৰা আধা মাইলমান গ'লেই মোৰ স্কুল পায় ।
: তেতিয়া বলক।
দুয়ো দেৰি নকৰি আগবাঢ়িলে । অফিচত যাৱতীয় আনুস্থানিকতা বোৰ কৰি অফিচৰ সহযোগী সকলৰ লগত চা চিনাকি হওঁতেই ২ বাজিল । অলপ সময় ৰৈ ঘৰমুৱা হ'ল।
: অবিনাশ আজি ৬ মান বজাত এফালে যাম ওলাবা ।থিক আছে দিয়ক যাম বাৰু পিছে ক'লৈ যাব । লগৰ বন্ধু এজনৰ ঘৰলৈ । বুজিছা সদায় মাতি থাকে । দিনত তাক ল'গ নাপাম প্ৰায়ভেট কোম্পানীৰ চাকৰি কৰে সেয়ে ৰাতিয়ে যাম। "
৬ বাজিল ৰক্তিম গোস্বামী আহি গেটত ৰৈ আছে হি।ৰক্তিম গোস্বামী মানে অনবিনাশৰ অফিচৰ সহকৰ্মী । "
: আহাঁ হে ইমান ষ্টাইল মাৰিব নালাগে ছোৱালী নাই ।
: ছোৱালীৰ কথা নহয় ৰক্তিম দা এটিয়াই যদি অলপ ষ্টাইল নামাৰো কেতিয়া মাৰিম কওক।
: হা হা হয় কথাটো ।
দুয়ো বাইকত উঠি ৰক্তিমৰ বন্ধুৰ ঘৰৰ ফালে আগবাঢ়িলে।
কলিং বেলটো টং টং কৈ দুবাৰ বাজিলত ভিতৰৰ পৰা ৰক্তিমৰ বন্ধু প্ৰিয়ম ওলাই আহিল"
:অহ্ ৰক্তিম আহাঁ আহাঁ । এয়া আমাৰ অফিচত নতুনকৈ যোগদান কৰিছে অবিনাশ
অবিনাশ...!
নাম টো শুনাৰ লগে লগে পাকঘৰত কিবা এটা
ভঙাৰ শব্দ ।
: নমস্কাৰ দেই
: নমস্কাৰ।
: পিছে শিৱসাগৰ কেনেকুৱা লাগিছে।
: আজি ৫ মাহে ভালেই লাগিছে বাৰু।
: তোমাৰ ঘৰ ক'ত ?
: মাজুলী
মাজুলী বুলি কোৱাৰ লগে লগে প্ৰিয়মৰ পত্নীৰ মূৰত সৰগ ভাগি পৰিল ।
: মই মাজুলীৰ পৰা বিয়া কৰাইছোঁ।
: অহ্। বঢ়িয়া তেতিয়া হ'লে ৰাসত ল'গ পাম ।
: নাই । বিয়া কৰোৱা পাছৰ পৰা মাজুলী যোৱাৰ সৌভাগ্য হোৱা নাই ।
: কিয় ?
: এইবোৰ বহুত কথা
: কওক একো নাই । মানুহৰ লগত খোলা কৈ কথাপাতি ভাল পাওঁ।
প্ৰিয়মে এফালৰ পৰা সকলোবোৰ কথা ক'বলৈ আৰম্ভ কৰিলে। সকলো কথা অবিনাশে শুনি গ'ল ।
: একো নাই দিয়ক । মানুহৰ জীৱনত ঘাত-প্ৰতিঘাত থাকেই।
: সঁচা বহু ক্ষেত্ৰত লাজ পাব লগীয়া হয়।
: উম্। আপোনাৰ পত্নীৰ নাম কি ?
: হিমাদ্ৰী বৰা।
: হিমাদ্ৰী...!
অবিনাশৰ মূৰত যেন হাটুৰীৰ কোব হে পৰিল । তেনেতে হিমাদ্ৰীয়ে চাহৰ প্লেটখন লৈ ড্ৰয়িং ৰোমত খোজ দিয়াৰ লগে লগে দুয়ো দুয়োলৈ চাই ৰয়।
: চাহ খাব। ৰক্তিমে মাত লগালে
: হিমাদ্ৰী ভাল নে ?
: আছো ৰক্তিম দা আপোনাৰ ভাল ?
: আছো দিয়া
হিমাদ্ৰী আৰু তাত ৰ'ব নোৱাৰিলে। একে কোবে ভিতৰ পালেগৈ । "ভগবান মোৰ লগত এইবোৰ কি হ'ব ধৰিছে । যিটো ল'ৰাক মই তিনি বছৰে ভাল পাই পতাৰণা কৰিলো। তাক মই কেনেকৈ মুখ দেখাওঁ । ভগবান আৰু কিমান পৰীক্ষা ল'বা ? নোৱাৰিছো" বুলি কৈ দুয়োধাৰে চকুৰ পানী ব'বলৈ ধৰিলে।
৭ বাজিল আমি উঠো বুলি কৈ ৰক্তিম ভিতৰৰ ফালে হিমাদ্ৰীক বিচাৰি গ'ল।
: ভাত খাই যাওক আকৌ
: নালাগে দিয়া । আনদিনা খাম
: থিক আছে দিয়ক
: যাওঁ
দুয়ো ঘৰমুৱা হ'ল । ৰাস্তাত সকলোবোৰ কথা ৰক্তিমক বিবৰি ক'লে ।
: অ' এইটো দেখোন সাংঘাতিক কাহিনী মই আজি হে গ'ম পালো
: দ্বিতীয় দিনা তালৈ ল'গ নধৰিব।
: একো নাই দিয়া প্ৰেম সফল হ'বই লাগিব বুলি কি কথা আছে । মন বেয়া নকৰিবা
: উম্। যাব দেই ৰক্তিম দা
পুনৰ বাইক আহি অবিনাশৰ ৰুমৰ গেটত। অবিনাশে ৰক্তিমক বিদায় দিলে।
হেডফোনত বাজি আছে "তোমাৰেনো বিৰহত..."
: শুই আছা নেকি ?
: আহক বিক্ৰম দা । নাই এনেই কি কৰিবনো বিছনাতে পৰি আছোঁ।
: অফিচৰ কাম বোৰ ভালকৈ চলি আছে ।
: চলি আছে ।
: এদিন মাজুলীলৈ যাম ওলাব
: ৰাসতে যাম । মাজুলী যোৱা হোৱা নাই।
: ঠিক আছে তেতিয়া হ'লে ওলাব।
: যাওঁ ভাত খাবৰ হ'ল ।
কিৰিং কিৰিং কৈ ফোনটো বাজি উঠিল ?
: হেল্ল মই হিমাদ্ৰী
: অহ্ কোৱা
: তোমাক এবাৰ ল'গ পাব লগা আছিল
: নিশ্চয় কৰিম । কেতিয়া ল'গ হ'ম ।
: কাইলৈ ফ্ৰী আছা যদি দুই মান বজাত।
: জয় সাগৰ পুখুৰীৰ পাৰতে ল'ম হ'ম।
: থিক আছে দিয়া
: ok bye..
অবিনাশে হাতত চিগাৰেট এটা লৈ বহি আছে । বিপৰীত ফালৰ পৰা মাত লগালে।
: তুমি কেতিয়াবাৰ পৰা ইয়াত বহি আছা নেকি ?
: নাই অলপ আগত পাইছো হি
: ভালে আছা ! মা হঁতৰ ভাল ?
: ভালেই মাৰ অলপ বেমাৰ ।পুৰণি বেমাৰটোৱে মাজে মাজে আমনি কৰে ।
: ভালকৈ কেয়াৰ ল'বা
: তুমি বিয়া নাপাতা নেকি ?
: নাই । ইচ্ছা নাই
: কিয় ? এনেকৈ আৰু কিমান দিন থাকিবা ?
: যিমান দিন পাৰোঁ। কথাটো কোৱা আকৌ ।
: মোক ক্ষমা কৰি দিবা । মই তোমাক বহুত কষ্ট দিলোঁ।সময় আৰু পৰিস্থিতিয়ে মোক স্বাৰ্থপৰ কৰি তুলিলে ।
: নাই নাই । তেনেকৈ নক'বা প্ৰেম প্ৰাপ্তিৰ হ'বই লাগিব যে তাত একো কথা নাই ।অপাপ্তিৰো মাদকতা আছে ।
: তুমি সঁচাই পৃথক অনন্য ।তুমি সলনি নহ'লা।
: সলনি । হা হা । অহ টাইম হ'ল যাওঁ নেকি ?
: উম । Sorry মোক মাফ কৰি দিবা !
হিমাদ্ৰীৰ চকু চলচলীয়া হ'ল । তাই যেন আৰু তাৰ চকুলৈ চাব নোৱাৰিলে ।
: যাওঁ দিয়া ভালে থাকিবা
বুলি কৈ ৰৈ নাথাকিল। এবাৰো পাছলৈ নোচোৱাকৈ চাদৰৰ আচলেৰে চকুপানী টুকি গুচি গ'ল । অবিনাশে একো মাত বোল নকৰাকৈ ৰ' লাগি চাই থাকিল।
পৃষ্ঠা ৪৩
সন্তোষিত লোভ
"তোমাক মই কেনেকৈ এৰোঁ কোৱা, সমাজে মোক যিমান দোষাৰোপ কৰিলেও তোমাৰ অবিহনে জীৱন আধৰুৱা।"
কথাষাৰ কৈয়েই মাজনীয়ে বলটোৰ দৰে ফুলি থকা লুচীখনত টোকৰ এটা মাৰিলে। মুহূৰ্ততে এমুঠি ধোঁৱা শূন্যতে মিলি গ'ল। তাইৰ মুখত প্ৰশান্তিৰ হাঁহি এটা বিৰিঙি উঠিল । তাকে দেখি কাষতে বহি থকা অকণি মাহীয়েকে কওঁ নকওঁকৈ কৈয়ে পেলালে,
" অ' তয়ো লুচীখনৰ দৰেই হ'বলৈ লৈছ, একেবাৰে বুকুৱে পেটে সমান হৈ পৰিছে। অলপ যতন কৰিবি, নহ'লে ঘৰতে পৰি থাকিবি।"
মাহীয়েকৰ কথাত গুৰুত্ব দি থাকিলে তাইৰ আজি খোৱাৰ মুদা মৰিব। এনেয়ে মাকে আজি কালি খাবলৈ বস্তু হিচাপ কৰি কৰি দিয়ে, তাতে মাহীয়েকৰ কথা তেওঁৰ কাণত পৰিলে সমুখৰ খোৱা বস্তু অন্তৰ্দ্ধান হৈ যাব। সেয়ে তাই যিমান পাৰে সোনকালে হাত, মুখ চলাবলৈ ধৰিলে।
" অ' আই, তই কিয় ইমানবোৰ গিলিবলৈ কাঢ়ি লৈছ। মাহীয়েৰৰ বাবেহে সাজি দিছিলোঁ।"
" হ'ব দে বাই, তাইৰহে খোৱা বয়স ! নিজৰ দেহাৰ কথা কি ক'ম, এতিয়া ভাল ভাল খোৱা বস্তুবোৰ হজম কৰিব নোৱৰা বয়স আহি পালে আৰু।"
মাজনী আচৰিত হৈ পৰিল, অলপ আগতে মাহীয়েকে তাইক কিমান কথা শুনালে আৰু এতিয়া মাকৰ আগত ইমান ভাল ৰূপ ধাৰণ কৰিছে, কি অদ্ভুত মানুহৰ দুমুখীয়া চৰিত্ৰ। যা হওক আজি মাহীয়েকৰ আগমন ঘটাৰ বাবেহে মাকে ভাল ভাল খোৱা বস্তু তৈয়াৰ কৰিছে, নহ'লে, এনে খাদ্যৰ দৰ্শন দুৰ্লভ হৈ পৰিছে।
মাহীয়েকৰ টকা পইচাৰ অভাৱ নাই, কিন্তু ব্যৱহাৰিক জ্ঞানৰ নাটনি হোৱা যেন অনুভৱ কৰে মাজনীয়ে। ঘৰলৈ আহিলেই কেৱল তাইৰ বিয়াখনৰ কথাকে কৈ থাকে। ধনী ঘৰৰ ল'ৰা পাই নিজৰ ডাঙৰ ছোৱালীজনীকো বৰ কম বয়সতে বিয়া দিলে তেওঁ। এতিয়া পুতেকৰো বিয়াৰ দিন ঠিক কৰিলে আৰু সেই কথা জনাবলৈ মাজনীহঁতৰ ঘৰলৈ আহিছে। মাজনীৰ কেতিয়াবা বৰ খং উঠে এনেকুৱা মানসিকতাৰ লোকসকলৰ ওপৰত, যাৰ বাবে বিয়া আৰু ঘৰুৱা কথাৰ বাহিৰে অন্য জ্ঞান এক প্ৰকাৰে শূন্য বুলি ক'ব পাৰি। তাইৰ বাবে জীৱনটো নানান উপলব্ধিৰ মিলন ভূমি। কিমান যে জানিবলগীয়া কথা আছে জগতত, সেয়ে ঘৰগোনা হোৱাতকৈ জিজ্ঞাসু হোৱা উচিত।
মাজনীয়ে যিয়েই নাভাবক কিয়, মাক কনিকাৰ চিন্তাতে ৰাতি টোপনি নহা হৈছে। জীয়েকৰ সমবয়সীয়া প্ৰায় সকলোৰে বিয়া বাৰু হৈ সংসাৰ বাঢ়িল। মাজনীৰ হটঙী শৰীৰটো দেখিয়েই বহুতে অপচন্দ কৰে, তাতে দিনক দিনে তাইৰ ওজন বাঢ়ি হে গৈছে। আনহাতে মাজনীৰ দেউতাকে তাইৰ বিয়াৰ কথা অকণো চিন্তা নকৰাৰ বাবে কেতিয়াবা খঙতে মাকৰ ৰক্তচাপ বাঢ়ি যোৱাৰ নিচিনা হয়। দেউতাক দামোদৰ দাসৰ মতে মাজনীবিবাহৰ যোগ নামি আহিলে নিজে নিজেই সেই কাম সমাধান হ'ব। কাৰণ জন্ম, মৃত্যু, বিবাহৰ সময় কোনেও আগতীয়াকৈ ক'ব নোৱাৰে। বয়স বা ওজন লৈ চিন্তা কৰাৰ কোনো দৰকাৰ নাই। যেনেকৈ বহুত ক'লা চুলিৰ মাজত বগা পৰা চুলিডাল মানে পকা চুলিডালহে চকুত পৰে, তেনেকৈ অতবোৰ বৰলাৰ মাজত কুৰি পাৰ কৰা ছোৱালীজনীক ৰাইজে বুঢ়ী সাজে। খৰে-খোৱা বৰলা কেইটাইও কঁকাল খামুচীয়া ছোৱালী বিচাৰে, অথচ সুস্থ সৱল ছোৱালী এজনীৰ অলপ বয়স বাঢ়িলেই বুঢ়া বৰ বিচাৰিবলগীয়া হয়। সমাজৰ এই গছত গৰু উঠা কথাবোৰ দামোদৰ দাসৰ বাবে একেবাৰে অলাগতিয়াল বা মূল্যহীন। মাজনী তেওঁলোকৰ একমাত্ৰ সন্তান, তাইক বিয়া দি উলিয়াই পঠিয়ালে ঘৰখন একেবাৰে খালী হৈ যাব, কথাটো ভাবিলেই তেওঁৰ বুকুখন বিষাই যায় । অৱশ্যে তাই নিজেই কাৰোবাক পচন্দ কৰিলে কথাটো বেলেগ, পাৰিলে ঘৰজোঁৱাই কৰি ৰাখিবলৈয়ো দেউতাক সাজু আছে। তেওঁ তলে তলে মাজনীৰ বাবে অনাথ বা বেছি আত্মীয় নথকা দৰা বিচাৰ খোচাৰ কৰি নথকাও নহয়, যাতে জীয়েকক ঘৰতে ৰাখিব পাৰে।
পুতেকৰ বিয়াৰ বজাৰ কৰিবলৈ মাহীয়েকে মাজনী আৰু মাকক লগ ধৰিলে। মাক কনিকাৰ সমান কোনেও গহনাৰ ভাল, বেয়া, শুদ্ধতা আদি গুণৰ বিচাৰ কৰিব নোৱাৰে, সেয়ে মাহীয়েকে গহনা কিনিবলৈ হ'লে সদায় তেওঁকে লগত লৈ যায়। কইনাজনীৰ বাবে জোৰণত দিবলৈ গহনাৰ বজাৰ কৰিবলৈ যাব লাগে। লগতে অৱশ্যে মাহীয়েকৰ পুতেকো ওলাল, মূল্যবান বস্তু আনোতে অলপ সাৱধান হ'ব লাগে বুলি। আটাইকেইজন চহৰৰ মাজ-মজিয়াতে থকা নামী গহনাৰ দোকান এখনত সোমাল। সোণৰ দাম শুনি কনিকাৰ চকু কপালত উঠিল। অলপ গহনা মাজনীৰ বাবেও কিনি ৰাখিব লাগিব বুলি মনতে বিচাৰ কৰিলে, বিয়াৰ যোগ কেতিয়া নামি আহে ঠিক নাই। আগতীয়াকৈ যোগাৰ কৰি ৰাখিব পাৰিলে সুবিধা হ'ব!
কইনাক জোৰণত দিবলৈ আটাইখিনি গহনাৰ লগতে মাহীয়েকে ডাঙৰ জীয়েক আৰু নিজৰ বাবেও দুই এপদ সোণৰ অলংকাৰ কিনি ল'লে। আটাইকেইজন দোকানৰ পৰা ওলাই আহি ঘৰলৈ বুলি গাড়ী ৰখোৱা ঠাইলৈ গতি কৰিলে। ৰাজপথত গাড়ী ৰখাব নোৱাৰি বাবে মাহীয়েকৰ পুতেকে দোকানৰ সন্মুখৰ পথৰ বিপৰীত দিশত সুবিধাজনক ঠাইত গাড়ীখন ৰখাই থৈছিল। গহনা ভৰাই লোৱা বেগটো মাহীয়েকে দুবাহুৰ মাজত সাৱটি ধৰি পথটো পাৰ হ'বলৈ লওঁতেই মটৰ চাইকেলৰে ল'ৰা এজন আহি চিলনীটোৰ দৰে বেগটো থাপমাৰি কাঢ়ি নিলে। মাহীয়েকে একো টলকিবই নোৱাৰিলে। দুখোজ পিছত গৈ থকা মাজনীয়ে লগে লগে দীঘলীয়া জাঁপ এটা মাৰি ল'ৰাটোৰ চোলাত খামুচি ধৰি মটৰ চাইকেল সহিতে পথত বগৰাই দিলে আৰু হেঁচি ধৰিলে। মাজনীৰ ওজনৰ ভৰত ল'ৰাটোৰ প্ৰাণ বায়ু উৰি যোৱাৰ উপশম হ'ল আৰু মটৰ চাইকেল ছিটিকি গৈ ক'ৰবাতে পৰি থাকিল। মাহীয়েকৰ পুতেকে একো বুজি নাপাই কিংকৰ্তব্যবিমূঢ় হৈ নিজৰ ঠাইতে থিয় হৈ থাকিল। মাহীয়েকো শিল পৰা কপৌৰ দৰে থৰ লাগিল। পিছত যেনিবা পথৰ ৰাইজে মিলি ল'ৰাটোক উত্তম-মধ্যম শিকাই পুলিচক গতাই দিলে।
কথাটো নিমিষতে সকলো পিনে জনাজাত হৈ গ'ল। মাজনী বিখ্যাত হৈ পৰিল, অৱশ্যে ইয়াত স্থানীয় সংবাদদাতা সকলৰ হাত বেছি আছিল। সেয়া যিয়েই নহওক কিয়, মাজনীয়ে যে সাহসিকতাৰ পৰিচয় দিছিল সেই কথা নুই কৰিব নোৱাৰি। এতিয়া সাহসী বোৱাৰী পোৱাৰ আশাত দামোদৰ দাসৰ ঘৰৰপিনে ৰাইজৰ সোঁত ব'বলৈ ধৰিলে। কথাটো অলপ শাম কটাৰ পিছত এদিন মাহীয়েকে পুতেকৰ বিয়াৰ চিঠি দিবলৈ মাজনীহঁতৰ ঘৰলৈ আহিল। মাজনীক কাষতে বহুৱাই লৈ মৰমেৰে মূৰত হাত বুলাই মাহীয়েকে ক'লে,
আই অ' সেইদিনা তই যি উপকাৰ কৰিলি সেয়া ওৰেটো জীৱন পাহৰিব নোৱাৰিম। তোৰ দৰে সাহসী ছোৱালী এজনী সকলোৰে কাম্য। কাইলৈ আমাৰ ঘৰলৈ ভাত খোৱাকৈ আহিবি, তই ভাল পোৱা সকলো ব্যঞ্জন মই ৰান্ধিম। এতিয়া কচোন কি কি খাই ভাল পাৱ...
মুখৰ পৰা ওলাই আহিব খোজা পানীখিনি সেপ ঢুকি মাজনীয়ে মনতে সুস্বাদু ব্যঞ্জনৰ তালিকা এখন তৈয়াৰ কৰিব ধৰিলে...
শ্যামলিমা কাকতি
নতুন দিল্লী
পৃষ্ঠা ৪৪
আৰ্ট গেলাৰীঃ
ক/
দীপজ্যোতি দাস
জ্যোতিষ্মান কাশ্যপ
গ/
বিতু খেৰীয়া
ঘ/
তাকি তৈয়াবা হুছেইন
স্নাতকোত্বৰ তৃতীয় ষাণ্মাসিক
নাৰী অধ্যয়ন কেন্দ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
9101904670
পৃষ্ঠা ৪৫
শেষ পৃষ্ঠাৰ লেখাঃ
বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত জাতীয় চেতনা
“মোৰ কবিতাৰ ছন্দ লাগি,
স্পন্দন তোৰ জাগেনে;
কথা মালিকাৰ গন্ধ লাগি,
সোনৰ সপোন ভাগেনে।
নাচে তৰা ছন্দে ছন্দে,
বিশ্ব ভৰা মহানন্দে;
সেই উলাহত হৰষ লাগি,
হিয়াত নাচোন উঠেনে।
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ,
বাজে মন বাঁহী মোৰ;
… সেই সুৰতেই শাঁত কৰি লৈ,
পৰিবনে হিয়া জুৰ ।”
——-বিষ্ণু প্ৰসাদ ৰাভা
১৯০৯ চনৰ ৩১ জানুৱাৰী, তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ঢাকা চহৰৰ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰাইফলছৰ আৱাসিক এলেকাত আনন্দৰ ৰোল উঠিল। বংগৰ গৱৰ্ণৰৰ এডিকং চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ পত্নী গেঠী ৰাভাই এক সুদৰ্শন পুত্ৰ সন্তান জন্ম দিছে। পুত্ৰ সন্তানটিৰ নাম ৰাখিলে বিষ্ণুপ্ৰসাদ। আৰু সকলোৱে ঘৰত মৰমতে মাতে ‘সুটো’ বুলি। বিষ্ণুপ্ৰসাদ আছিল পিতৃ-মাতৃৰ অষ্টম সন্তান।
বিষ্ণুপ্ৰসাদ ৰাভাক ৫ বছৰ বয়সত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছিল। প্ৰথমতে তেওঁক ইংৰাজী স্কুলত নাম লগাই দিছিল কিন্তু বিষ্ণুপ্ৰসাদে চাহাবৰ ল’ৰা-ছোৱালীৰ লগত পঢ়িবলৈ মন নকৰাত তেওঁক উৰ্দু মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি দিলে। বিষ্ণুপ্ৰসাদ ৰাভাক পাঁচটা ঘোঁৰাই টনা ঘোঁৰাবাগিৰে স্কুললৈ অনা-নিয়া কৰিছিল। পঢ়া-শুনাৰ লগতে বিষ্ণু ৰাভাই সংগীত, বাদ্য আৰু নৃত্যৰ শিক্ষাও লাভ কৰে।
বিষ্ণু ৰাভাৰ পিতৃ গোপাল ৰাভাই অৱসৰ গ্ৰহণ কৰি তেজপুৰত স্থায়ীভাৱে বাস কৰাৰ উদ্দেশ্যে তাতে ঘৰ-দুৱাৰ নিৰ্মাণ কৰে। অৱসৰৰ পাছত তেওঁ তেজপুৰত ব্ৰিটিছ চৰকাৰৰ পৰা দুহেজাৰ বিঘা ভূমি লাভ কৰে। তাৰপাছত ৰাভাদেৱৰ পৰিয়াললৈ নামি আহে ঘোৰ অন্ধকাৰ। ১৯১৭ চনৰ নৱেম্বৰ-ডিচেম্বৰত ৰাভাদেৱৰ পিতৃ গোপাল ৰাভাদেৱ স্বৰ্গগামী হয়। তাৰপাছতেই ৰাভাদেৱৰ পৰিয়ালৰ আৰ্থিক অৱস্থা নিম্নগামী হৈ আহিব ধৰে। সকলো আওকাণ কৰি বিষ্ণু ৰাভাই পুনৰ তেজপুৰতে তেওঁৰ স্কুলীয়া শিক্ষা আৰম্ভ কৰে আৰু লগতে সংগীত, নৃত্য, বাদ্য আৰু শিল্পকলাৰ চৰ্চাও অব্যাহত ৰাখে। তেজপুৰ হাইস্কুলত তেওঁ সকলোফালেই পাৰদৰ্শিতা দেখুৱাই সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। স্কুলৰ বাৰ্ষিক ক্ৰীড়াত তেওঁ সকলোতকৈ বেছি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। বিষ্ণু ৰাভাদেৱে এই সকলোবোৰৰ লগতে খেলা-ধূলাটো পাৰ্গত আছিল। ফুটবল তেওঁৰ প্রিয় খেল আছিল। তেওঁ চেণ্টাৰ ফৰৱাৰ্ড খেলি ভাল পাইছিল। স্কুলৰ সভাবিলাকত তেওঁ নিজে গীত ৰচি সুৰ দি গাইছিল।
অসমীয়া সংগীত জগতলৈ বিষ্ণু ৰাভাৰ অৱদান অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব কিয়নো তেওঁৰ প্ৰতিটো গীতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বাৰা ৰচিত প্ৰতিটো গীততে প্ৰাণ পাই উঠিছিল অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা, জাতীয় চেতনাবোধ, তেওঁৰ কিছুমান গীতত অসমৰ প্ৰাকৃতিক পৰিৱেশো ফুটি উঠা দেখা গৈছে “বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল…….”, “টিলাই টিলাই ঘুৰি ফুৰে উলাহৰে………”, আদি। ইয়াৰ উপৰিও “মোৰ কবিতাৰ ছন্দ লাগি স্পদন তোৰ জাগেনে….”, “আজি মন্দিৰৰ দুৱাৰ খোলা…..”, “ বিশ্বৰ ছন্দে ছন্দে মহানন্দে…..” ‘পৰজনমৰ শুভলগনত’ আদিৰ দৰে কালজয়ী গীত ৰচনা কৰি অসমীয়া সংগীতৰ জগতখনক এঢাপ আগুৱাই নিছিল।
তেওঁৰ গীত আৰু কবিতা সমূহত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা জিলিকি উঠিছিল। স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত গীত সমুহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জাগি উঠিছিল। এই গীত সমূহৰ ভিতৰত “অসমীয়া ডেকাদল……”, “আই মোৰ ভাৰতী জননী…..”, আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত “আমি বিপ্লৱী পথৰে যাত্ৰী” কবিতটিত বিপ্লৱৰ ভাৱধাৰা প্ৰকটমান। স্বাধীনতা আন্দোলনৰ বতাহ ছাটিয়ে বিষ্ণু ৰাভাকো কোবাইছিল সেয়ে তেওঁৰ কলমৰ কাপৰ পৰা নিগৰি ওলাইছিল বিপ্লৱী গান আৰু বিপ্লৱী কবিতা। অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁৰ সংগীত সমূহক “ৰাভা সংগীত” হিচাপে ঘোষণা কৰা হৈছে। অসমীয়া সংগীতৰ জগতত ‘ৰাভা সংগীত’ সমূহ যুগে যুগে কালজয়ী হৈ থাকিব অসমবাসীৰ হাতত।
কেৱল সংগীত জগতখনতেই নহয় এজন অভিনেতা হিচাপে ৰাভাই ‘তেজপুৰৰ বান ৰঙ্গমঞ্চ’ত নিয়মীয়াকৈ অভিনয় কৰাৰ উপৰিও পিছলৈ ‘যাত্ৰা’ পাৰ্টিত অভিনয় কৰিছিল। তেওঁ ‘যাত্ৰা’ পাৰ্টিতেই সীমাবদ্ধ হৈ নাথাকি অসমীয়া বোলছবি ‘এৰা বাটৰ সুৰ’, ‘প্ৰতিধ্বনি’ আদিত অভিনয় কৰিছিল। প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ নিৰ্মাণত জ্যোতি প্ৰসাদ আগৰৱালাক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ উপৰিও তেখেতে ‘জয়মতী’ বোলছবিৰ নৃত্য পৰিচালনা কৰিছিল। ‘হিন্দু বিশ্ববিদ্যালয়ত’ প্ৰদৰ্শন কৰা “নটৰাজ” নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ‘ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে’ তেখেতক ১৯৩৯ চনত ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ বুলি জনা গৈছিল।
এইজনা বৰেণ্য পুৰুষে কেৱল অভিনয় বা সংগীত চৰ্চাতে ব্যস্ত থকা নাছিল। তেওঁ গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতিৰ বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছে। তেওঁ ‘মিচিং কনেং’ নামৰ এখন উপন্যাস ৰচনা কৰাৰ উপৰিও ‘সোণপাহী’, ‘মামীৰ হাৰ’, ‘কুৰি বছৰ জেইল’, ‘জাল কেছ’, ‘হিয়াৰ পুং’, ‘ফুংকা’ (বড়ো ভাষাত ৰচিত) কেইবাটাও গল্প, ‘গেঙনি ৰেঙনি’ নামৰ নাটক, ‘অসমীয়া কৃষ্টিৰ চমু আভাস,’ ‘অতীত অসম’, ‘মুক্তি দেউল’ আদিৰ দৰে প্ৰৱন্ধ লিখি অসমীয়া সাহিত্যৰ জগত খন জিলিকাই থৈ গৈছে।
জীৱনৰ শেষৰ ফালে ৰাভাদেৱে তেওঁৰ মৃত্যুৰ কথা অনুভৱ কৰিয়েই হয়তো লিখিছিল ‘এয়ে মোৰ শেষ গান, মোৰ জীৱন-নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান…………..,’
সেইয়াই যেন শেষ গান আছিল তেওঁৰ বাবে। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি এইজনা অসমীয়া সংস্কৃতিৰ সাধক, অসমীয়া সংস্কৃতিৰ পূজাৰী ৰাভাদেৱে ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২.২৫ বজাত তেজপুৰত মৃত্যুক সাৱটি ল'ব লগা হয়।
তেখেতেৰ মৃত্যুদিনটোৰ প্ৰতি সন্মান জনাই অসমবাসী ৰাইজে “ৰাভা দিৱস” হিচাপে পালন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি গৈ থাকিব। আমি ভাৱো কেৱল ‘ৰাভা দিৱস’ পাতিলেই নহ’ব বিষ্ণু ৰাভাক জীয়াই ৰাখিবলৈ হ’লে তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰাখিব লাগিব তেওঁৰ সৃষ্টিৰাজি বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থাও হাতত ল'ব লাগিব তেতিয়া হয়তো ৰাভাদেৱৰ সকলো কলা কৃষ্টি আমাৰ মাজত জীয়াই থাকিব।
পৰিণীতা কলিতা
(সহঃ সম্পাদক, অঙ্গন)
গুৱাহাটী বিশ্ববিদ্যালয়
( স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিক)
আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ )
টিহু,নলবাৰী ( ৭৮১৩৭১)
ফোন: ৯১২৭৫৬৪১২৪
0 Comments