অঙ্গনঃ ২৪ নং সংখ্যা

বেটুপাতঃ ১





পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
২৫ মে ২০২১।

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

---------------------

বিশেষ ঘোষণা

           অঙ্গনৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি অঙ্গনৰ সম্পাদনা সমিতিয়ে "অঙ্গন"ৰ এটি বিশেষ সংখ্যা প্ৰিণ্ট কৰাৰ সিদ্ধান্ত লৈছে। সেয়ে এই বিশেষ সংখ্যালৈ লেখা পঠিয়াবলে ইচ্ছা কৰা লেখক/লেখিকা সকলক একেই ঠিকনাত তেওঁলোকৰ লেখা সমূহ আগন্তুক ১৫ মে'ৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালো। 
          লেখক/লেখিকা সকলে লেখাৰ ওপৰত অঙ্গনৰ বিশেষ সংখ্যালৈ বুলি লিখি পঠিয়াবলে নেপাহৰে যেন।


পৃষ্ঠাঃ ৩

এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
প্ৰিয় মানুহজন
(মহীৰূহ হোমেন বৰগোহাঞি ছাৰৰ সোঁৱৰণত)

২/ প্ৰৱন্ধ:
ক/ বৈষ্ণৱ ধৰ্মত নাওৰ নাম ( লীলাধৰ হাজৰিকা)
খ/ অনুবাদ আৰু ভাৱানুবাদ ( প্ৰনৱ ফুকন)
গ/ সম্বন্ধ, আন্তৰিকতা আৰু বিশ্বাস ( কৃপালী ভূঞা)
ঘ/ গুৰুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰ আৰু সত্ৰীয়া সংস্কৃতি (মৌচুম গগৈ)

৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ অভিশ্ৰুতি (চয়নিকা বৰুৱা)
খ/ এই বাটেদি ৰাধা যমুনালৈ যায় ( শিৱানী বৰা)

৪/ অণুগল্পঃ
ক/ সন্দেহ (লাৱণ্য ৰাণু ফুকন)
খ/ উৰুলি (দিব্যজ্যোতি ৰাজখোৱা)
গ/ বৈষম্য (অসমা তুংখুঙীয়া)

৫/ এক মিনিটৰ গল্পঃ
ক/  অস্তিত্ব ( নিবেদিতা দাস দত্ত)

৬/ অনুবাদ কবিতাঃ
ক/ মেঘাচ্ছন্ন
(OVERCAST-By Charles Baudelaire)
প্ৰাণ কৃষ্ণ গোস্বামী
খ/ মানৱ ঋতু 
তৰুণ চন্দ্ৰ নাথ
( The Human Seasons by John Keats)
গ/ নহয়
জয়ন্তীমালা বৰপূজাৰী
( Not by Erin Henson)

৭/ কবিতাঃ
ক/ শিলাস্তম্ভ (জাহ্নৱী কাকতি)
খ/ কোষ (মিনহাজুল আবেদিন)
গ/ স্তব্ধ (বিব্ৰত অনুপল মৰাণ )
ঘ/ পথ (শংকৰ ৰেগন)
ঙ/  জ্ঞান মেলাৰ কবিতা (ৰিণ্টু টায়ে)
চ/ নীলকণ্ঠ (স্বপ্নম জ্যোতি কলিতা)
ছ/ সেন্দুৰ ( জোনা বৰঠাকুৰ)
জ/ ধূলিয়ৰী আবেলি (অনুপম ভাৰ্গৱ)
ঝ/ টাং শ্লিপ (আকাশ দাস)
ঞ/ মা (অপূৰ্ব শৰ্মা)
ট/ সময় (সুমন প্ৰিয়া গগৈ)
ঠ/ অ’ ৰাংঢালী মনত আছেনে কথাবোৰ (গোপাল কৃষ্ণ বাঢ়ৈ)
ড/ আহিবানে তুমি (পৰিস্মীতা গগৈ দত্ত)
ঢ/ অভিমান ( অনামিকা বৰা)
ণ/ বৰণ (দৰ্শনা কলিতা)

৮/ অনুভৱঃ   
ক/ সহযাত্ৰী ( প্ৰণামী দেৱী)
খ/ মৰহা সপোন (প্ৰস্তুতি শৰ্মা)

৯/ হাইকুঃ মীনাক্ষি ৰায় ডাকুৱা

১০/ ভ্ৰমণ কাহিনীঃ  চেন্নাই (শৰ্মীষ্ঠা বৰ্মন)

১১/ নীলা খামৰ চিঠিঃ  ঋদ্ধি কাশ্যপ

১২/ গল্পঃ
ক/ এটা নীলা ছাতি ( আদৃতা শিৱম)
খ/ তুমি মোৰ হৃদয়তে আছা ( পৰিস্মীতা গগৈ দত্ত)

১৩/ কথোপকথনঃ (সাক্ষ্যাত গ্ৰহণ সংহিতা পূজাৰী)

১৪/ ৰেচিপিঃ 
ক/ আমৰ আচাৰ (মুনমী গগৈ)
খ/বিটৰোট আৰু বিলাহী চুপ ( প্ৰিঞ্চি প্ৰিয়া )
 
১৫/ শেষ পৃষ্ঠাৰ লেখাঃ নৱগঠিত চৰকাৰ আৰু ৰাইজৰ আশা (মঞ্জিত হাজৰিকা)

১৬/ আৰ্ট গেলাৰীঃ স্নেহা বক্সী


পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  তন্ময়ী বৰগোহাই, শিৱসাগৰ।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।


পৃষ্ঠা ৫
সম্পাদকীয়ঃ

প্ৰিয় মানুহজন

(মহীৰূহ হোমেন বৰগোহাঞি ছাৰৰ সোঁৱৰণত)

"সকলোৰে শ্ৰদ্ধাৰ, চিৰনমস্য, বিশাল ব্যক্তিত্বৰ অধিকাৰী হোমেন বৰগোহাঞি ছাৰ আৰু আমাৰ মাজত নাই! যোৱা ১২ মে তাৰিখ বুধবাৰে পুৱা ৬ বাজি ৫৮ মিনিটত প্ৰথিতযথা সাহিত্যিক, সংবাদিকজনৰ মহাপ্ৰয়াণ ঘটে।" -- কথাষাৰ মানি ল'বলৈ বৰ কষ্ট পাইছোঁ। অলপতে সংবাদ পত্ৰত প্ৰকাশ পোৱা মতে জানিবলৈ পাই সুখী হৈছিলোঁ যে ছাৰে কভিডৰ লগত যুঁজি শেষত আৰোগ্য লাভ কৰি নিজৰ মানসিক শক্তিৰ পৰিচয় দিলে। তাৰ পাছতেই হঠাতেই আহি পৰা অপ্ৰত্যাশিত খবৰটোৱে সকলোকে মৰ্মাহত কৰিলে।

হোমেন বৰগোহাঞি ছাৰ প্ৰকৃততে লাখ লাখ মানুহৰ জীৱনৰ পথ প্ৰদৰ্শক। বহুতে তেখেতৰ দ্বাৰা ৰচিত গ্ৰন্থত জীৱনৰ এটি লক্ষ্য বিচাৰি পায়। তাহানি স্কুলীয়া দিনতে তেখেতৰ 'কিতাপ পঢ়াৰ আনন্দ' নামৰ কিতাপখন পঢ়াৰ পাছতেই জীৱনত প্ৰথম বাৰৰ বাবে অনুভৱ কৰিছিলোঁ কিতাপে কিদৰে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে। সেই সময়তে পঢ়া 'সাওদৰ পুতেকে নাও মেলি যায়', 'পিতা পুত্ৰ' নামৰ উপন্যাস দুখনৰ কথা জানো কোনোবাই পাহৰিব পাৰিব। উল্লেখযোগ্য যে ছাৰে 'পিতা পুত্ৰ' নামৰ উপন্যাসখনৰ বাবে ১৯৭৮ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। একেদৰে তেখেতৰ দ্বাৰা ৰচিত বেঞ্জামিন ফ্ৰেংকলিন নামৰ গ্ৰন্থখন পঢ়াৰ পাছৰে পৰাই এই বিশাল ব্যক্তিত্বৰ অধিকাৰী লোকজনৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহী হৈ পৰিছিলোঁ। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই দুই এটকাকৈ জমা কৰি হোমেন বৰগোহাঞি ছাৰৰ 'আত্মানুসন্ধান' নামৰ জীৱনীখন ক্ৰয় কৰি পঢ়িছিলোঁ। আৰু আজি মোৰ ক্ষুদ্ৰ পুথিভঁৰালত তেখেতৰ দ্বাৰা ৰচিত প্ৰায় আটাইকেইখন কিতাপেই আছে যিবোৰে নীৰৱে মোক মানসিকভাৱে শক্তিশালী হৈ থকাত সহায় কৰে।

ছাৰৰ লিখনিত প্ৰধানকৈ জীৱন সম্পৰ্কীয় দিশবোৰ প্ৰকাশ পায়। জীৱনৰ বাটত পথভ্ৰষ্ট হোৱা কোনো এজন বাটৰুৱাৰ বাবে ছাৰৰ কিতাপ এছাটি নিৰ্মল বতাহৰ দৰে। প্ৰতিটো বিষয় অতি সহজ সৰল ভাষাত উদাহৰণসহ খুব সুন্দৰকৈ উত্থাপন কৰাত ছাৰৰ দক্ষতা দেখি আচৰিত প্ৰায়েই হওঁ। অৱশ্যে ইয়াৰ মূলতে আছিল ছাৰৰ গভীৰ অধ্যয়ন আৰু ধৈৰ্য। বিশেষকৈ ইংৰাজী সাহিত্যৰ প্ৰতিজন লেখক, নাট্যকাৰ, সমালোচক তথা কবিৰ বিষয়ে ছাৰে তন্ন তন্নকৈ অধ্যয়ন কৰিছিল। কোনো এখন গ্ৰন্থ অথবা এটি গুৰুত্বপূৰ্ণ লেখা আমি কিদৰে পঢ়িব লাগে, কিদৰে তাৰ পৰা দৰকাৰী কথাবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে সেই সম্পৰ্কতো ছাৰে নিজৰ গ্ৰন্থত প্ৰকাশ কৰি থৈ গৈছে। ইমান ব্যস্ততাৰ মাজতো এই বিৰল ব্যক্তিত্বৰ অধিকাৰী চিৰনমস্য লোকজনে ২০০১ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনখনো শুৱনি কৰি থৈ গৈছে। একেদৰে তেখেতে আমাৰ অসম, অসম বাণী, নীলাচল, সূত্ৰধৰ, নাগৰিক, সাতসৰী, নিয়মীয়া বাৰ্তা আদি কেবাখনো কাকত আলোচনীৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। ১৯৩২ চনৰ ৭ ডিচেম্বৰ তাৰিখে ঢকুৱাখানাত জন্ম লাভ কৰা ছাৰে বিগত ৭ টা দশকজুৰি অসমীয়া সাহিত্য আৰু সংবাদৰ জগতখনক নেতৃত্ব দি আহিছে। বহুতে ছাৰৰ আঙুলিত ধৰি সাংবাদিকতাৰ অ আ ক খ শিকিছে, বহুতে ছাৰৰ আশীৰ্বাদ সৰোগত কৰি হাতত কলম তুলি লৈছে।

ছাৰৰ মহাপ্ৰয়াণৰ দিনাই চৰকাৰে তেখেতৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছে। এয়া সময় উপযোগী আৰু গঠনমূলক সিদ্ধান্ত হৈছে। সময়ৰ আহ্বান, ছাৰে নিজ বাটেৰে গুচি গ'ল। কিন্তু আমাক দি গ'ল অফুৰন্ত সাহিত্য সম্ভাৰ, যত প্ৰতিজন মানুহেই বিচাৰি পাব জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান, বিচাৰি পাব জীয়াই থকাৰ সৰ্বোত্তম কলাটি।

ছাৰৰ মহাপ্ৰয়াণত আমি অঙ্গনৰ পৰিয়ালৰ তৰফৰ পৰাও তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাঁচিলো।


হেমেন নাথ
সম্পাদক, অঙ্গন
ভ্ৰাম্য ঃ ৯৬৭৮৬৯৬৮৬১


পৃষ্ঠা ৬
প্ৰৱন্ধঃ

বৈষ্ণৱ ধৰ্মত ' নাৱৰ নাম'

লীলাধৰ হাজৰিকা

          অতীজৰে পৰা নৈপৰীয়া ৰাইজে জলপথেৰেই যাতায়ত কৰাৰ কথা সৰ্বজনবিদিত ৷ গোটা কাঠ খুলি নাও সঁজা পদ্ধতি পৃথিৱীৰ বিভিন্ন ঠাইত থকা কথাটো সকলোৱে জানে ৷ 'নোৱাৰ প্লাৱন'ৰ সময়ত পৃথিৱীৰ জীৱ-জন্তু ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰা নাৱৰ কথা খ্ৰীষ্ট ধৰ্মত বিশেষ ভাৱে চৰ্চিত ৷ খ্ৰী: (৬৩০-৬৪৪)ত চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ভ্ৰমণৰ টোকাত সেই সময়ৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই বৌদ্ধ বিশ্ববিদ্যালয়, নালন্দা আদিৰ স'তে যোগাযোগৰ সময়তো উত্তৰ পূৰ্বাঞ্চললৈ আহোতে নাৱৰেই  যাত্ৰা কৰাৰ কথাও উল্লেখযোগ্য ৷ সেই যোগাযোগৰ প্ৰধান পথ আছিল ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ নৌ পথ ৷ ইংৰাজসকলৰ দিনতো ব্ৰহ্মপুত্ৰৰ পৰা দিখৌ নদীয়েদি ৰংপুৰ নাজিৰা পৰ্যন্ত চলা ভাপ নাওয়েই প্ৰধান ব্যৱস্থা আছিল  ৷ নাও জিৰোৱা ঠাইৰ নামেৰেই নাজিৰা নামাকৰণ হোৱা বুলি শুনা যায় ৷
        লাচিত বৰফুকনৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰত্যাহ্বান স্বৰূপ শৰাইঘাটৰ যুদ্ধত নাৱত উঠি মোগল সৈন্যক নৌকা যুদ্ধত পৰাজয় কৰি অসমৰ সন্মান অটুত  ৰখা কথায়ো নাৱৰ সৈতে জড়িত ৷ তাহানি মিৰজুমলাইয়ো ঢাকাৰ পৰা নাৱেৰে আহি অসম আক্ৰমণ কৰা কথা সৰ্বজনজ্ঞাত ৷ শ্ৰীমন্ত শংকৰদেৱেও নাৱেৰে বিভিন্ন ঠাইলৈ যোৱা কথাৰ উপৰিও যোৱা ঊনৈশ আৰু কুৰি শতিকাৰ  মাজভাগলৈ অসমৰ সৰহসংখ্যক বিদ্যাৰ্থীয়ে উচ্চশিক্ষাৰ বাবে কলিকতালৈ যাত্ৰা কৰাৰ কথা আমি জানো ৷ তাহানি ১৮৬৪ চনৰ শাৰদীয় পূৰ্ণিমা তিথিৰ দিনা শিৱসাগৰৰ পৰা বৰপেটালৈ নাৱেৰে গৈ থকা অৱস্থাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা জন্ম পোৱা কথাটো বেজবৰুৱাই ভূমিষ্ঠ নহৈ নৌকাষ্ঠ হোৱা বুলি নিজমুখেৰে কোৱা কথাষাৰে নাৱৰ গুৰুত্বৰ কথাকে বুজায় ৷

       মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ দি থৈ যোৱা অনবদ্য অৱদান অসম দেশখনত প্ৰচলিত তেৰাৰ অনুপম সৃষ্টি বৈষ্ণৱ ধৰ্মই সকলোকে একেডাল  সমন্বয়ৰ ডোলেৰে বান্ধ খুৱাই থৈ গৈছে ৷ বৈষ্ণৱ ধৰ্ম বা বৈষ্ণৱ আদৰ্শই অসমৰ চাৰিসীমাত নিগাজিও হৈছে ৷ নামধৰ্মৰে সৰ্বসাধাৰণৰ হৃদয়  জয় কৰিব পাৰিছিল ৷ তেৰাৰ মতে ভক্তিৰ মূল কথা হৈছে ঈশ্বৰৰ উপলব্ধি ৷ নামধৰ্মৰ মাধ্যমেদি এই ভক্তিয়ো যে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিব পাৰে ৷ সেইকথা বৈষ্ণৱ ধৰ্মৰ মূল হিচাপে লৈ গুৰুজনাই বিভিন্ন ধৰ্মগ্ৰন্থ প্ৰণয়নত গুৰুত্বও দিছিল ৷
       গুৰুজনাৰ ভক্তিৰ প্ৰচাৰ কেৱল নামঘৰ বা কীৰ্তনঘৰতেই আৱদ্ধ হৈ থকা নাছিল ৷ এই ধৰ্মত ভকত আৰু ভক্তিতত্বৰ এক গূঢ় অৰ্থ অইন অইন ক্ষেত্ৰলৈকেও সম্প্ৰসাৰিত হৈছিল ৷ ভকতৰ স্পৰ্শত নদীয়ে পবিত্ৰ হয় সেই কথা কেইবাখনো চৰিত পুথিত উল্লেখ আছে ৷ কালিঝাৰ সত্ৰত থাকোতে গোপাল আতা ভকতসকলে হেনো পোৰোলা  নদীত গা ধুইছিল -সেই ভকতে স্পৰ্শ কৰা পানী বিভিন্ন কামত লগাইছিল ৷ সেই বাবে কোৱা হয় 'পোৰোলাৰ সমান তীৰ্থ নাহি পৃথিৱীত' (পূৰ্ণানন্দ চৰিত- পূ: ১৪৬) নিস্কাষ ভক্তিহে যে উত্তম সেৱা তাৰো ব্যাখ্যা গোপালদেৱে উল্লেখ কৰি গৈছে ৷ গোপালদেৱে ভকতসকলক ধৰ্ম উপদেশ দি যোৱাৰ কথা এনেধৰণৰ -" হৰিভক্তি আচৰণ কৰিব পাৰিনে, নিৰামিষ ভোজন কৰিব পাৰিলে, ভিক্ষা কৰি আহাৰ সংগ্ৰহ কৰিব পাৰিলে হেনো ভকতৰ মৰ্যাদা বাঢ়ে ৷"

 ক্ৰমশঃ


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

অনুবাদ আৰু ভাৱানুবাদ

প্ৰণৱ ফুকন, নতুন দিল্লী
+৯১-৮৮২৬৮০৩০৩০

আজিৰ পৃথিৱী অনেক দেশৰ সমষ্টি হৈও এখন পৃথিৱী হোৱাৰ পথত; আজিৰ নৱ প্ৰজন্ম এখন দেশৰ নাগৰিক নহৈ বিশ্ব নাগৰিক হৈ পৰিছে ৷ এই পৃথিৱীত কোনো আপোন-পৰ নাই ৷ আজিৰ যুগ হ’ল বিশ্বায়নৰ যুগ; পৃথিৱীৰ এমূৰত হোৱা ঘটনা পলকতে সিমূৰ পায়গৈ ৷ স্বাভাৱিকতে কোনো এঠাইত সৃষ্টি হোৱা সুন্দৰ সাহিত্য সম্ভাৰৰ সোৱাদ আন সকলোৱে বিচাৰে বা পোৱা উচিত ৷ কিন্তু এই ক্ষেত্ৰত প্ৰধান অন্তৰায় ৰূপে ঠিয় দিয়ে ভাষা ৷ আমি সকলোৱে একাধিক ভাষা শিকিব পাৰোঁ; কোনো কোনোৱে হয়তো কেবাটাও ভাষাৰ সম্যক জ্ঞান লাভ কৰি অনেকৰ লগত একাত্ম হোৱাৰ সুবিধা পায় ৷ কিন্তু সকলো ভাষা শিকা কোনো মানুহৰ বাবেই সম্ভৱ নহয় ৷ ইয়াৰ মূল কাৰণ হ’ল ভাষাৰ সংখ্যা; কেৱল ভাৰততে সংবিধান স্বীকৃত ভাষাৰ সংখ্যা ২১ টা ৷ গোটেই পৃথিৱীত ৭০০০-ৰ অধিক ভাষা আছে ৷

গতিকে বেলেগ এটা ভাষাৰ সাহিত্যৰাজি নিজৰ ভাষাত উপলব্ধ হ’লে সকলো উপকৃত হয় ৷ এই ক্ষেত্ৰত অনুবাদ সাহিত্যৰ ভূমিকা সকলোতকৈ বেছি ৷ কোনো এটা বিশেষ ভাষাত ৰচিত যিকোনো লেখা ভালদৰে বুজি আন এটা ভাষাত সকলোৱে বুজাকৈ লেখাকে অনুবাদ (translation) বুলিব পাৰি ৷ অনুবাদৰ প্ৰথম তাত্ত্বিক আলোচনা আগবঢ়াই ফৰাচী লেখক এটিনি ডলে ৷ ইয়াৰ পাচত অনুবাদৰ বিষয়ে বিশেষ আলোচনা পোৱা যায় ইংৰাজ লেখক চেপমেন আৰু ড্ৰাইডেনৰ এই বিষয়ে কৰা সাৱলীল আলোচনাৰে ৷ আলেকজেণ্ডাৰ ফ্ৰেইজাৰ টাইটটেলৰ The Principles of Translation-ৰ যোগেদি অনুবাদৰ মূল তত্ব আমি পাওঁ ৷ ইংৰাজী translation শব্দৰ অসমীয়া প্ৰতিশব্দ হিচাপে ভাঙনি শব্দটোও অনেক পণ্ডিতে ল’ব খোজে ৷ তদুপৰি ভাষান্তৰ বা তৰ্জমাৰো প্ৰচলন দেখা যায় ৷ যিহেতু অনেক সময়ত অনুবাদ হৈ পৰে এক অনন্য সৃষ্টি, সেয়ে ইংৰাজীত transcreation আৰু অসমীয়াত তাৰ প্ৰতিশব্দ হিচাপে অনুসৃষ্টি শব্দৰ ব্যৱহাৰ লক্ষণীয়।

অনুবাদৰ বাবে অতীব প্ৰয়োজন অনুবাদকৰ দুয়োটা ভাষা আৰু দুয়ো ঠাইৰ সমাজ ব্যৱস্থাৰ বিষয়ে সম্যক জ্ঞান ৷ উদাহৰণ স্বৰূপে ভাৰতীয় ভাষাসমূহতে অনেক শব্দৰ অৰ্থ ভিন্ন- ভিন্ন ৷ বেজাৰ শব্দই যদি অসমীয়াত দুখ লগা বুজাই, আন কোনো কোনো ভাষাত ইয়াৰ অৰ্থ ভাগৰ লগা বা আমনি লগা ৷ এই কথা নজনাকৈ অনুবাদ কৰিলে পাঠকৰ বাবে বুজাত অসুবিধা নিশ্চয় হ’ব ৷ তদুপৰি সকলো ভাষাতে কিছু এনে শব্দ বা জতুৱা ঠাঁচ থাকে যাৰ যথাৰ্থ প্ৰতিশব্দ/ জতুৱা ঠাঁচ অনুবাদকৰ ভাষাত নাথাকে ৷ এনে ক্ষেত্ৰত কোনো কোনো সময়ত মূল লেখক বা প্ৰকাশকৰ অনুমতি সাপেক্ষে সালসলনি কৰা উচিত যাতে অনূদিত লেখা সেই ভাষাৰ পাঠকৰ বাবে সহজ বোধগম্য হয় ৷

অনুবাদৰ ক্ষেত্ৰত মূল লেখাৰ  সাৰমৰ্ম বুজি প্ৰতিটো শব্দৰে যথাযথ প্ৰতিশব্দ বিচাৰি মূল লেখকে যিদৰে নিজৰ লেখা প্ৰস্তুত কৰিছে, ঠিক সেইদৰে আন ভাষাৰ শব্দৰ চোলা পিন্ধোৱা হয় ৷ অৰ্থাৎ, আন সকলো একে ৰাখি মাত্ৰ ভাষা সলনি কৰা হয় ৷ ইয়াত মৌলিকতাৰ আত্মাৰ পৰা আঁতৰি আহিলে কিন্তু ই অনুবাদ হৈ নাথাকে ৷ অনেক ক্ষেত্ৰত মূল লেখাৰ মৰ্ম উপলব্ধি নকৰাকৈ প্ৰতিটো শব্দৰ প্ৰতিশব্দ লেখাৰ ফলত ভাষান্তৰে প্ৰকৃত ৰূপ দাঙি ধৰিব নোৱাৰে আৰু ভাষান্তৰ হৈ পৰে অথন্তৰ মাত্ৰ ৷

উদাহৰণ হিচাপে এষাৰ ইংৰাজী বাক্য লৈ অসমীয়ালৈ অনুবাদ কৰি চোৱা যাওক ৷ বাক্যশাৰী হ’ল: You start dying slowly. স্পেইন দেশৰ কবি পাবলো নেৰুদাৰ কবিতাৰ ইংৰাজী অনুবাদৰ পৰা লোৱা এই কথাষাৰ মূল লেখকে যেনেদৰে ব্যক্ত কৰিছে, ঠিক তেনেদৰে ৰাখি প্ৰতিটো শব্দৰ প্ৰতিশব্দ বিচাৰি আমি লেখিম এইদৰে: তুমি লাহেলাহে মৰিবলৈ আৰম্ভ কৰা/ তিলে তিলে তোমাৰ মৃত্যু হয়, ইত্যাদি ৷ ইয়াক কিছু কাব্যিক ৰূপ দি ক’ব পাৰোঁ এইদৰে: তিলে তিলে হয় মৃত্যু তোমাৰ ৷ অৰ্থাৎ মূল বক্তব্যৰ সাৰমৰ্মৰ কোনো সালসলনি কৰা হোৱা নাই ৷ ইংৰাজী নজনা অসমীয়া মানুহে এই বাক্যশাৰী পঢ়ি বা শুনি সহজেই বুজি পাব ৷ অনুবাদৰ মূল উদ্দেশ্যও হ’ল সেয়ে – অনূদিত ভাষাৰ পাঠকে মূল ৰচনাৰ তাৎপৰ্য্য বুজি পোৱা ৷ ডঃ জয়ন্তীমালা বৰপূজাৰীৰ মতে “এটা ভাষাৰ ভঁৰাল চহকী কৰিবলৈ অনুবাদ সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা কেতিয়াও নুই কৰিব নোৱাৰি ৷"

ভাৱানুবাদ কিন্তু অনুবাদতকৈ কিছু পৃথক ৷ এটা ভাষাৰ কোনো লেখা  সম্পূৰ্ণৰূপে বুজি, তাক হৃদয়ংগম কৰি, মূল লেখাৰ আত্মা একে ৰাখি নিজৰ অভিব্যক্তিৰে আৰু নিজৰ পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজন বোধে কিছু সালসলনি কৰি উপস্থাপন কৰাই হ’ল ভাৱানুবাদ ৷ অনুবাদ আৰু ভাৱানুবাদৰ মাজত ইয়েই প্ৰধান বৈসাদৃশ্য ৷ গোস্বামী তুলসীদাসৰ ৰামচৰিত মানস বাল্মিকী ৰামায়ণৰ প্ৰথম ভাৱানুবাদ বুলিব পাৰি ৷ কাৰণ বাল্মীকিয়ে ৰামচন্দ্ৰক বহুতো মানৱীয় দোষ-গুণৰ সমষ্টি হিচাপে দেখুৱাইছিল; কিন্তু তুলসীদাসৰ সময়লৈ ৰামচন্দ্ৰই মানুহৰ মাজত ঐশ্বৰিকতা লাভ কৰিছিল ৷ ফলত ৰামচৰিত মানসত ৰামচন্দ্ৰৰ দৈৱিক গুণসমূহহে প্ৰতিফলিত হৈ মূল ভাৱ একে ৰাখি এক ভিন্ন পৰিৱেশত ঘটনাৰাজি উপস্থাপন কৰা হৈছে ৷

ভাৱানুবাদো দুই ধৰণৰ হ’ব পাৰে ৷ কেতিয়াবা কোনো লেখকৰ মূল লেখাৰ এটা বাক্য, এটা পংক্তি বা কোনো বচন মূলৰ পৰা সম্পূৰ্ণৰূপে অনুবাদ নকৰি কেৱল তাৰ ভাৱধাৰা আন ভাষাৰ এজন লেখকে নিজৰ স্বকীয় শৈলীৰে প্ৰকাশ কৰে ৷ ইয়াক ইংৰাজীত Paraphrasing বোলা হয় ৷ Paraphrasing-ৰ ক্ষেত্ৰত প্ৰকাশভংগী মূলতকৈ সুকীয়া হয় ৷ অনুবাদৰ ক্ষেত্ৰত মূল লেখাৰ কিয়দাংশ উদ্ধৃতি ৰূপে দিলে অনুবাদ কৰা অংশ উৰ্দ্ধক'মাৰ ভিতৰত দিয়া অনিবাৰ্য্য হৈ পৰে ৷ কিন্তু ভাৱানুবাদৰ ক্ষেত্ৰত যিহেতু কথাখিনি নিজস্ব ৰূপত দাঙি ধৰা হয়, গতিকে উৰ্দ্ধক'মাৰ প্ৰয়োজন নহয় ৷

আমি আৰু এবিধ ভাৱানুবাদ দেখোঁ ৷ অনেক সময়ত মূল লেখকৰ সামাজিক নীতি- নিয়ম, পৰিৱেশ- পৰিস্থিতি অনুবাদকৰ পৰিৱেশ- পৰিস্থিতিৰ পৰা ভিন্ন হয় ৷ ফলত কেৱল অনুবাদ কৰিলে পাঠকৰ বোধগম্য নহ'বও পাৰে ৷ সেয়ে ভাৱানুবাদকে মূল লেখাৰ মৰ্ম আহৰণ কৰি নিজৰ পৰিৱেশৰ অনুকূল কৰি প্ৰস্তুত কৰে ৷ তেনে কৰিলে লেখাটোৱে সমাদৰ লাভ কৰে, কাৰণ ই এক মৌলিক লেখাৰ সমপৰ্য্যায়ৰ হয় ৷ অৱশ্যে এই কথাও অনস্বীকাৰ্য যে এজন সফল অনুবাদকে নিজ ভাষাৰ শব্দেৰে গাঁঠি অনূদিত লেখাকো মৌলিকতাৰ সমপৰ্য্যায়ৰ কৰিব পাৰে ৷ এই দুই ক্ষেত্ৰতে মূল লেখকৰ নাম উল্লেখ নকৰাৰ প্ৰৱণতা আহি পৰা অস্বাভাৱিক নহয় ৷ কিন্তু মূল লেখক আৰু অনুবাদকৰ সামাজিক ব্যৱস্থা তথা ৰীতি-নীতি ভিন্ন হ’লে অনূদিত ৰচনা যে মৌলিক নহয়, সেই সন্দেহে পাঠকৰ মনত বাহ লয় ৷ গতিকে অনুবাদ বা ভাৱানুবাদ লাগিলে যেনে ধৰণৰে নহওক, মূল লেখকৰ নাম উল্লেখ কৰা উচিত ৷ এইখিনিতে অনুবাদকৰ নৈতিকতাৰ প্ৰশ্ন আহি পৰে ৷ নৈতিকতাৰ প্ৰতি উদাসীন অনুবাদকে লেখকৰ ম’ৰাচালিহে ধৰিব পাৰে; তেওঁৰ পৰা কেতিয়াও কালজয়ী সৃষ্টি আশা কৰিব নোৱাৰি ৷ (অনুবাদক শব্দেৰে অনুবাদ আৰু ভাৱানুবাদ কৰোঁতা দুয়োকে বুজুৱা হৈছে ৷)

আজি ইন্টাৰনেটৰ যুগ; পৃথিৱীৰ এটা কোণত হোৱা ৰচনা পলকতে সমস্ত বিশ্বতে বিয়পি পৰে ৷ গতিকে অনুবাদেই হওক বা ভাৱানুবাদেই হওক, মূল লেখকৰ নাম উল্লেখ কৰা অনিবাৰ্য্য হৈ পৰিছে ৷ এজন লেখকৰ অনেক অধ্যয়ন- অধ্যৱসায়ৰ ফলত এক মৌলিক লেখাৰ সৃষ্টি হয় ৷ এজন পাঠকে সেই মৌলিক সৃষ্টিৰ সোৱাদ লৈয়েই সকলোখিনি অন্তৰত অনুভৱ কৰে, আয়ত্ব কৰে তথা তাৰ অনুবাদ/ ভাৱানুবাদ প্ৰস্তুত কৰিব পাৰে ৷ সেই বুলি জানো সেই লেখাক আমি নিজা সৃষ্টি বুলি ক’ব পাৰোঁ ?

অসমীয়া ভাষাত অনুবাদ সাহিত্যৰ বিশেষ স্থান আছে ৷ শ্ৰীশ্ৰীশঙ্কৰদেৱ নিজেই এজন নিপুণ অনুবাদক আছিল ৷ মানুহে সহজে নুবুজা সংস্কৃত শ্লোক বা আন ৰচনা তেখেতে অসমীয়াত সাৱলীল ভাৱে অনুবাদ কৰি সকলোৰে বোধগম্য কৰি তোলে ৷ নিজৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰীমাধৱদেৱকো গুৰুজনাই অনুবাদ কৰিবলৈ উদ্বুদ্ধ কৰিছিল ৷ তাৰেই ফলশ্ৰুতিত সৃষ্টি হ’ল ৰত্নাৱলীৰ অনুবাদ ৷ ইয়াৰ আগেয়ে অপ্ৰমাদী কবি  মাধৱ কন্দলীয়ে বাল্মিকীৰ সপ্তকাণ্ড ৰামায়ণ অসমীয়াত ভাঙনি কৰে; যিকোনো ভাৰতীয় ভাষাত ৰামায়ণৰ এয়েই প্ৰথম অনুবাদ আছিল ৷ এই  ৰামায়ণত নিজস্বতা থকা সত্বেও সদায়েই অনুবাদ ৰূপেই জনা যায়, মৌলিক ৰচনা হিচাপে নহয় ৷ সেয়ে মাধৱ কন্দলিয়ে ৰামায়ণত কৈ গৈছে: “সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লম্ভা পৰিহৰি সাৰোদ্ধৃতে” ৷

আধুনিক অসমীয়া ভাষাত অনুবাদ সাহিত্যৰ সৃষ্টি হয় বৃটিছ পণ্ডিত ড° উইলিয়াম কেৰীয়ে কৰা বাইবেলৰ অসমীয়া অনুবাদৰ জৰিয়তে ৷ বেপটিষ্ট মিছনেৰীসকলৰ বাইবেলৰ অনুবাদ অসমীয়া ভাষালৈ এক অনবদ্য উপহাৰ ৷ অনুবাদ সাহিত্যৰ ক্ষেত্ৰত কবিগুৰু ৰৱীন্দ্ৰনাথ ঠাকুৰৰ এষাৰ কথা মন কৰিব লগীয়া: "পশ্চিমে আজ খুলিয়াছে দ্বাৰ, সেথা হতে আসে কত উপহাৰ" ৷ অৰ্থাৎ তেখেতে সঁকিয়াই দি গৈছে যে পাশ্চাত্যত ইতিমধ্যে বহু বিভিন্ন ৰুচিৰ সাহিত্য সম্ভাৰৰ সৃষ্টি হৈছে যি আমাৰ বাবে এখন উপহাৰভৰা প্ৰকাণ্ড দুৱাৰৰ দৰে কাম কৰে ৷ কিন্তু এই ক্ষেত্ৰতো ভাষাৰ ব্যৱধানে কিছু অথন্তৰ সৃষ্টি কৰিব পাৰে ৷ সুখৰ বিষয় যে এই ৰচনাৰাজিৰ সৰহ সংখ্যকেই ইংৰাজীলৈ অনূদিত হৈছে আৰু আমাৰ মাজত অনেক ইংৰাজী ভাষাৰ বিদগ্ধ পণ্ডিত আছে ৷ তেওঁলোকে ইংৰাজীৰ পৰা এনে সুন্দৰতা বুটলি আনি আমাৰ মাজত বিলাই দিছে ৷ এই কথা কেৱল ভাৰতীয় ভাষাৰ বাবেই নহয়, পৃথিৱীৰ প্ৰায় সকলো দেশৰ ভাষাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য ৷ অসমীয়া সাহিত্যৰ পথাৰখনত জোনাকী যুগৰ ত্ৰিমূৰ্তি লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা আৰু কলিকতা প্ৰবাসী অসমীয়া ছাত্ৰসকলে ন-ন শইচৰ ফচল সিঁচি ভাষা জননীক চহকী কৰি গ’ল ৷ কবিগুৰুৰ বাক্য যেন সৰোগত কৰি আগবাঢ়িল অনেক; ইয়াৰ ভিতৰত বিশেষ প্ৰণিধানযোগ্য ৺আনন্দ কুমাৰ আগৰৱালাৰ নাম, যিজনৰ অনুবাদৰ বিশেষ দক্ষতাৰ বাবে "ভাঙনি কোঁৱৰ" নামেৰে নামকৰণ কৰা হৈছিল ৷  

মৌলিক সৃষ্টিৰ ওপৰত স্ৰষ্টাৰ সম্পূৰ্ণ অধিকাৰ থাকে ৷ ই এক অস্থাৱৰ সম্পত্তি ৰূপে পৰিগণিত হয়, যাক বিদ্যায়তনিক সম্পত্তি (Intellectual Property) বোলা হয় আৰু স্ৰষ্টাৰ অধিকাৰক Intellectual Property Right বোলা হয় ৷ অন্যান্য স্থাৱৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ বাবে বহু আগৰে পৰা আইন বলবৎ কৰা হৈছে পৃথিৱীৰ সকলো দেশতে ৷
অধুনা বিভিন্ন ধৰণৰ বিদ্যায়তনিক সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ বাবেও আইন প্ৰবৰ্ত্তন কৰা হৈছে, আৰু এই সকলো আইন সাঙুৰি Intellectual Property Rights Acts বুলিব পাৰি ৷ এনে পৰিস্থিতিত মিছাতে মৌলিকতাৰ দাবী কৰি অনুবাদক/ ভাৱানুবাদকে নিজকে বিপদৰ মুখলৈ ঠেলি দিয়ে; সামাজিক মাধ্যম (Social Media) তথা অন্যান্য সকলো মাধ্যমতে সমালোচনাৰ জোৱাৰ উঠে ৷ তদুপৰি মূল লেখকে আইনৰ সহায়  লোৱাত কোনো বাধা নাই ৷  সেয়ে অনুবাদকে অনুবাদৰ পথত সাৱধানে বাট বুলিব লাগে ৷  

(এই লেখা যুগুতাওতে ড° মলয়া খাউন্দৰ "অনুবাদ: এটি আলোচনা" আৰু ড° জয়ন্তীমালা বৰপূজাৰীৰ "অনুবাদৰ বিষয়ে দুআষাৰ" প্ৰবন্ধ দুটিৰ সহায় লোৱা হৈছে)



পৃষ্ঠা ৮

প্ৰৱন্ধঃ

সম্বন্ধ,
আন্তৰিকতা
আৰু
বিশ্বাস...

কৃপালী ভূঞা
ভাদৈ পাঁচআলি, ডিব্ৰুগড়

      প্ৰতিটো সম্বন্ধৰে মূল ভেটিয়ে হৈছে পৰস্পৰৰ প্ৰতি থকা বিশ্বাস আৰু আন্তৰিকতা । আমি জীৱনত বিভিন্ন সম্বন্ধৰে বান্ধ খাই থাকো। পিতৃ মাতৃ, ভাতৃ ভগ্নী , সন্তান, পৰিয়ালৰ তেজৰ সম্বন্ধৰ মানুহখিনি, চিনাকি অথচ আপোন হৈ পৰে যিসকল আৰু বন্ধু বান্ধৱী ।  প্ৰকাশ কৰোঁ বা নকৰোঁ এই সম্বন্ধৰ ডোলেৰে বান্ধ খাই থকা লোকসকলৰ প্ৰতি আমাৰ আকৰ্ষণ আৰু আন্তৰিকতা তথা মৰমৰ মাত্ৰা কিন্তু সদায় সুকীয়া ।  এটা সম্পৰ্ক কিমান দীঘলীয়া হ'ব অথবা সম্বন্ধটোৰ প্ৰতি সেই বিশেষ মৰ্য্যদা আৰু আকৰ্ষণ সদায় একেদৰে থাকিবনে ? সেয়া সদায় নিৰ্ভৰ কৰে পাৰস্পৰিক বুজাবুজি, সহযোগিতা, আন্তৰিকতা আৰু বিশেষকৈ এজনৰ আনজনৰ ওপৰত থকা গভীৰ বিশ্বাসৰ ওপৰত । ইয়াৰ এটাৰো যদি সামান্য তাৰতম্য ঘটে , তেনেহলে যিকোনো সম্বন্ধই চিৰদিন একেদৰে নাথাকে । যাৰ ফলশ্ৰুতিতে কেতিয়াবা সন্তানে, পিতৃ মাতৃয়ে ,ভাতৃ ভগ্নীয়ে , চিনাকি আপোনজনে , সুহৃদ বন্ধু বান্ধৱীয়ে, পৰিয়ালৰ কোনো কোনোৱে ,  আনকি স্বামী স্ত্ৰীয়েও  সেই অটল বিশ্বাসৰ অধিক মূল্য দিবলগীয়া হয় । তাৰ ফলস্বৰূপেই অতিকে আপোন আৰু তেজৰ সম্বন্ধৰ কোনোবাইও বৰ দুখলগাকৈ  কেতিয়াবা সম্বন্ধৰ বান্ধ চিঙি আঁতৰি যায় , ভাবিবলৈ বাধ্য কৰায়। আমি একেখন ঘৰতে ডাঙৰ হৈছিলোনে  অথবা আমি এসময়ত ইমান ঘনিষ্ঠ আছিলোনে?
      সম্বন্ধ এটা বৰ্তি থাকিবলৈ দায়িত্ব আৰু কৰ্তব্যবোধৰ বৰ প্ৰয়োজন বুলি ভাবোঁ । কেৱল আত্মীয়সকলৰ বাবেই নহয় , সুহৃদ বন্ধু বান্ধৱী‌ , অনাত্মীয় আপোনজনৰ প্ৰতিও যিজনে দায়িত্ব আৰু কৰ্তব্যবোধ উপলব্ধি কৰিব পাৰে , তেনে সম্বন্ধৰ বান্ধ কিন্তু ক্ষণস্থায়ী হ'ব নোৱাৰে  । যিজন মানুহে সম্বন্ধৰ টান অনুভৱ কৰি আনজনৰ সুখত অথবা দুখত সমভাগী হ'ব পৰা নাই , তেনে লোকৰ ক্ষেত্ৰত সম্বন্ধই আনি দিয়া আস্বাদন কিন্তু অনুভৱৰ বাহিৰত । কেতিয়াবা পৰিঘটনাৰ ধামখুমীয়াত কিছুমান সম্বন্ধৰ বিচ্ছেদ ঘটিলেও দায়িত্ব আৰু কৰ্তব্যৰে পৰিপক্ক সম্বন্ধই পৰস্পৰৰ প্ৰতি হৃদয়ৰ তান কিন্তু অনুভৱ নকৰাকৈ থাকিব নোৱাৰে । সম্বন্ধ এটা আত্মাৰ পৰা ওপজে য'ত আবেগ থাকিলেও বিবেকেই যথাসৰ্বচ্ছ পৰিচালনা কৰে ।
      সম্বন্ধ এটা পৰিচালনা কৰোঁতে পাৰস্পৰিক সন্মান বৰ প্ৰয়োজনীয় বুলি ভাবোঁ ।  পাৰস্পৰিক সন্মানে সম্পৰ্কৰ মৰ্য্যদা সদায় অক্ষুণ্ণ ৰাখে । আমি আমাৰ আটাইতকৈ নিকট সম্পৰ্ক ' আমাৰ সন্তান'কো যথাযোগ্য সন্মান দিব লাগিব , গতিকে বাকীসকলক তেওঁলোকৰ যি পৰিস্থিতি সেইমতে। সন্মানে প্ৰত্যেকৰে হৃদয়ত সম্বন্ধটোৰ প্ৰতি এক স্বৰ্গীয় অনুভূতি আনি দিয়ে  , যি অনুভৱৰ তাড়নাতে আমি  প্ৰতিটো আত্মিক সম্বন্ধৰ ওচৰত চিৰঋণী হৈ থাকিব পাৰোঁ ।  এইখিনিতে এটা উদাহৰণ দিব খুজিছোঁ । বৰুণ গান্ধীৰ জন্মৰ আগতেই পিতৃ সঞ্জয় গান্ধীৰ মৃত্যু হৈছিল আৰু স্বামীহাৰা মানেকা গান্ধীয়ে সম্পূৰ্ণ এককভাৱে নিজৰ পুত্ৰক ডাঙৰ দীঘল কৰিছিল । মই ভাবি আৱেগিক হৈ পৰো যে বৰুণ গান্ধীৰ তেওঁৰ মাকৰ সতে সম্পৰ্কটো মাতৃ পুত্ৰৰ উপৰিও অন্তৰংগ বন্ধুত্বৰ এডাল নিকপকপীয়া বান্ধত বান্ধ খাই আছে । কিন্তু সিদিনা এষাৰ কথা পঢ়িলো যে এতিয়াও বৰুণ গান্ধীয়ে মাক ৰূমলৈ সোমাই আহিলে চকীৰ পৰা উঠি দিয়ে  মাকৰ সমানে সমানে চকীত তেওঁ বহি থাকিব নোৱাৰে । ভাবি চাবলগীয়া অন্তৰত কিমান সন্মান থাকিলে পুত্ৰই মাকৰ সতে এনে আচৰণ কৰিব পাৰে , অথচ সেইজন পুত্ৰ মাকৰ ঘনিষ্ঠ বন্ধু । 
      আচলতে সম্পৰ্ক বিলাক প্ৰত্যেকেই কেনেদৰে পৰিচালনা কৰিব সেয়া একান্তই সম্বন্ধৰ ডোলেৰে বান্ধ খাই থকা দুজন ব্যক্তিৰ নিজস্ব পদ্ধতি । কেৱল তেওঁলোকেহে জানিব আৰু অনুভৱ কৰিব সেই নিৰ্দিষ্ট সম্পৰ্কটো আৰু সম্পৰ্কটোৰ জড়িত ব্যক্তিবিশেষ তেওঁৰ বাবে কিমান গুৰুত্বপূৰ্ণ । 
      সদৌশেষত, ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ , পৃথিৱীৰ সকলো মানুহেই সম্বন্ধৰ অতুলনীয় অনুভৱেৰে জীপাল হৈ থাকক । সম্বন্ধৰ মাজত থকা আন্তৰিকতা , বিশ্বাস তথা মৰম চেনেহে মানুহক যি সঞ্জীৱনী সুধা দিব পাৰে , যি মানসিক পৰিতৃপ্তি দিব পাৰে , সেয়া আন একোৱে দিব নোৱাৰে । একোটা সম্বন্ধৰ গাত ভেজা দিয়েই মনেৰে শক্তিশালী হৈ থাকে শাৰিৰীক ভাৱে দুৰ্বল মানুহ । সকলোৱে সম্বন্ধৰ সুন্দৰ অনুভৱ হৃদয়ত কঢ়িয়াই লৈ ফুৰক আৰু মনৰ আনন্দেৰে জীৱন উদযাপন কৰক।

(বিঃদ্ৰো:- (এটা বৰ স্পৰ্শকাতৰ বিষয়ত আজি দুষাৰমান লিখিলো । অৱশ্যে এইখিনি কোনো কিতাপত পোৱা কথা নহয় । সম্পূৰ্ণ নিজৰ মনে ভবা কিছুমান কথা , হয়তো কথাবিলাক কোনো ব্যক্তিৰ জীৱন পৰিঘটনাৰ সতে মিলি যাব পাৰে, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ । )



পৃষ্ঠা ৯

প্ৰৱন্ধঃ

গুৰুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰ আৰু সত্ৰীয়া সংস্কৃতি

মৌচুম গগৈ
গোলাঘাট বাণিজ্য মহাবিদ্যালয়।

            মহাপুৰুষ শংকৰদেৱৰ সংস্কৃতিয়ে ষোল্লশ শতিকাৰ পৰা এতিয়ালৈ মানৱ সমাজৰ মাজত প্ৰেম অমৃতৰ নদী বোৱাই আছে। বৈষ্ণৱ ধৰ্মৰ আদৰ্শ, ৰীতি-নীতিসমূহ জনগণৰ মাজত প্ৰচাৰ কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱে নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ধৰ্মীয় অনুশাসনৰ জৰিয়তে শংকৰদেৱে সমাজ আৰু সামাজিক জীৱনৰ পৰা অন্ধবিশ্বাস, কু-সংস্কাৰসমূহ আঁতৰ কৰিবলৈ বিচাৰিছিল। শংকৰ দেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ কোনো আড়ম্বৰতা নাই। সমতা আৰু মানৱতাৰ ভেটিত সুন্দৰ সমাজ এখন প্ৰতিষ্ঠা কৰাটোৱেই তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল। মানৱতাৰ মুক্তিৰ বাবে অন্ধকাৰ দূৰ কৰি পোহৰ সিঁচিবলৈ তেওঁ অক্লান্ত চেষ্টা কৰিছিল। সাম্য আৰু সমতাৰে এখন নিকা সমাজ গঢ়িবলৈ তেওঁ ধৰ্ম প্ৰচাৰকে মূল আহিলা হিচাপে গ্ৰহণ কৰিছিল। ভাগৱত শাস্ত্ৰৰ জ্ঞান, কীৰ্তনৰ মৌৰস ব্যাখ্যা  কৰিবলৈ শংকৰদেৱে সত্ৰৰ জন্ম দিয়া বুলি ক’ব পাৰি। অসমত প্ৰতিষ্ঠা কৰা সত্ৰসমূহক পোণ প্ৰথমে সত্ৰ বুলি নকৈ কীৰ্তন ঘৰ, হৰি গৃহ অথবা থান ইত্যাদি শব্দৰেহে নামাকৰণ কৰা হৈছিল।
             ধৰ্মচৰ্চাৰ উপৰিও সত্ৰসমূহ আছিল পৰস্পৰৰ মাজত ভাতৃত্ববোধ বজাই ৰাখিবপৰা মজিয়া, একোখন মনোৰঞ্জনৰ কেন্দ্ৰ। সত্ৰসমূহত ভাওনা বা অন্যান্য সংস্কৃতিৰ প্ৰচলনৰ এক মহান উদ্দেশ্য হৈছে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় বাণীৰ মুক্ত প্ৰকাশ। আজিও সত্ৰ বা নামঘৰত সেই বাণীৰ প্ৰকাশ উজ্জ্বল হৈ আছে। সত্ৰৰ মজিয়াত সত্য সুন্দৰৰ আৰাধনা, অহিংসা নীতি আৰু মানৱতাৰ ৰূপদৰ্শন লাভ কৰি মানৱসমাজ উপকৃত আৰু ধন্য হয়। বৈষ্ণৱ ধৰ্মৰ প্ৰতি আগ্ৰহী লোকসকল আছিল শ্ৰমজীৱী, সাধাৰণ জনতা। মাধৱদেৱকে ধৰি গুৰুজনাৰ সহযোগীসকল আছিল তেনেই সাধাৰণ শ্ৰেণীৰ৷ তেওঁলোকৰ সহযোগতেই একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সত্ৰ আৰু নামঘৰসমূহ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল আৰু সফলো হৈছিল৷
                শ্ৰীমন্ত শংকৰদেৱে নিজৰ জন্মস্থান বৰদোৱাত কীৰ্তন ঘৰ নিৰ্মাণ কৰি ভক্তিৰ বীজ ৰোপণ কৰে। এইখনেই শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰথমখন সত্ৰ। গৰিমামণ্ডিত বৰদোৱা সত্ৰৰ কীৰ্তন ঘৰ আজিও ভক্তসকলৰ বাবে প্ৰাণকেন্দ্ৰ স্বৰূপ। ইয়াৰ পিছতে আহোম ৰজাৰ ৰোষত পৰি শংকৰদেৱে তেওঁৰ সংগীসকলৰ সৈতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ গৈ ধুৱাহাট বেলগুৰি সত্ৰ প্ৰতিষ্ঠা কৰে।
                পৰৱৰ্তী পৰ্যায়ত সত্ৰসমূহত অকল কীৰ্তন অথবা ভাগৱত চৰ্চাই নহয় তাৰ লগতে সাহিত্য, সংগীত, নাট, ভাওনা ইত্যাদি সংযোজন কৰা হ’ল। আনহাতে সত্ৰৰ আকাৰ আৰু সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে নামঘৰ, মণিকুট, ভঁৰালঘৰ, কৰাপাট, অতিথিশালা, গুৰুগৃহ ইত্যাদি নিৰ্মাণ কৰি সত্ৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়া হ’ল। ক’বলৈ গ’লে এই সকলোবোৰ সংযোজন কৰি এখন পূৰ্ণাংগ সত্ৰ নিৰ্মাণ কৰা হৈছিল৷ এই কাৰ্যসমূহ ৰূপায়িত কৰিবৰ বাবে শংকৰদেৱৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ লগত দামোদৰদেৱে একনিষ্ঠভাৱে অক্লান্ত পৰিশ্ৰম কৰিছিল। সত্ৰৰ ইতিহাসত পোৱা মতে দামোদৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত পাটবাউসী সত্ৰখন হৈছে পূৰ্নাংগ পৰ্যায়ৰ প্ৰথম সত্ৰ। দামোদৰ দেৱৰ সৃষ্টিশীলতা আৰু তেওঁৰ নিৰ্মিত আৰ্হিৰ প্ৰতি শংকৰদেৱ মুগ্ধ হৈছিল। তাৰ পাছত ঠিক তেনে আৰ্হিৰে সত্ৰ নিৰ্মাণ কৰিবলৈ গুৰুজনাই প্ৰিয় শিষ্য মাধৱদেৱকো আদেশ কৰিছিল। পিছলৈ আকৌ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতা, গোপাল আতা আদি বাপসকলে সত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিল।
            আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ আৰু লক্ষ্মী সিংহ আদিৰ ছত্ৰছায়াত দামোদৰদেৱে মাজুলীত কেইবাখনো সত্ৰ প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী পৰ্যায়ত শংকৰদেৱ, মাধৱদেৱৰ লগতে দামোদৰদেৱ আৰু হৰিদেৱৰ ঐক্যবদ্ধ প্ৰচেষ্টাত সত্ৰসমূহত বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰিত হৈছিল৷ লাহে লাহে নামনি অসমৰ বিভিন্ন ঠাইত যেনে, সুন্দৰীদিয়া, গণককুছী আদিত সত্ৰ প্ৰতিষ্ঠা হৈছিল৷  একে সময়তে বৰ্তমান নামনি অসমৰ আটাইতকৈ  বিখ্যাত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰা হ’ল। সত্ৰৰ সংখ্যাৰ বৃদ্ধিৰ লগে লগে জনসাধাৰণৰ লগত সত্ৰৰ সম্বন্ধ বাঢ়িল আৰু সাংস্কৃতিক বাতাবৰণৰ ভেটি গঢ় লৈ উঠিল। সত্ৰসমূহত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যৰ প্ৰচলন আৰম্ভ হ’বলৈ ধৰিলে। ভকত, বৈষ্ণৱসকলে মিলি সত্ৰ পৰিচালনা কৰি ধৰ্মীয় বাতাবৰণৰ সৃষ্টি কৰিলে। বিভিন্ন ধৰণৰ অংকীয়া নাট, ভাওনা, সত্ৰীয়া নৃত্য, বৰগীত চৰ্চাৰ প্ৰশিক্ষণ আৰু আখৰা কৰা আৰম্ভ হ’ল। লগতে ভাগৱতৰ ধৰ্মীয় কথাবোৰো তাতে বিশ্লেষণ কৰি ভকতসকলে এটা গহীন আৰু আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰি তুলিলে। এখন সুশৃংখল আৰু সাংস্কৃতি সম্পন্ন সমাজ শংকৰদেৱে বিচাৰিছিল, য’ত বৈপ্লৱিক চিন্তাদৰ্শনেৰে আগবাঢ়িব পাৰি। সত্ৰসমূহ এই ক্ষেত্ৰত সফল হৈছে বুলি ক’বই লাগিব৷
            এটা সময়ত দামোদৰদেৱৰ শিষ্য গোপালদেৱে উজনি অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিলে আৰু সত্ৰ প্ৰতিষ্ঠাৰ কামত নিয়োজিত হ’ল। তেওঁ প্ৰতিষ্ঠা কৰা সত্ৰসমূহৰ ভিতৰত কাহিকুচি, কমলাবাৰী আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ডেবেৰাপাৰ সত্ৰ অন্যতম। ইয়াৰ উপৰিও উজনি অসমত গোপাল দেৱৰ আন দুখন সত্ৰ হৈছে সৌৰানিক আৰু কুৰুৱাবাহী সত্ৰ। আন তিনিখন লেখত ল’বলগীয়া সত্ৰৰ ভিতৰত নিৰঞ্জন দেৱৰ আউনীআটি সত্ৰ, বনমালী দেৱৰ দক্ষিণপাট সত্ৰ, আৰু জয়হৰি দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত গড়মূৰ সত্ৰ৷ জানিবপৰা মতে বৰ্তমান মাজুলীত প্ৰায় বাইশ(২২)খন সত্ৰ ভকত বৈষ্ণৱসকলে পৰিচালনা কৰি আছে। প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুজনাৰ বিভিন্নগৰাকী শিষ্য যেনে, শ্ৰীৰাম আতা, গোবিন্দ আতা, বৰ বিষ্ণু আতা, পদ্ম আতাৰ লগতে শংকৰদেৱৰ নাতি পুৰুষোত্তমৰ নাম বিশেষভাৱে উল্লেখনীয়।
            সত্ৰৰ অন্যতম বৈশিষ্ট্য হৈছে পবিত্ৰতা। সৰল উদাৰনৈতিক ধৰ্মীয় ব্যৱস্থাৰ এক অনুপম চানেকি। সত্ৰ আছিল গুৰুজনাৰ এক সুস্থ সাংস্কৃতিক চিন্তা চেতনাৰ বীজ। আজি একবিংশ শতিকাতো গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰ বা নামঘৰ অতিশয় প্ৰাসংগিক।কাৰণ সত্ৰসমূহ হৈছে ঐক্য-সম্প্ৰীতিৰ উত্তম স্থান, আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰস্থল, নৈতিক শিক্ষা লাভৰ ক্ষেত্ৰ, অসমীয়া জাতিৰ প্ৰাণকেন্দ্ৰ। সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শংকৰদেৱ এক দুৰ্লভ উদাহৰণ। শংকৰদেৱৰ অনুপম সৃষ্টি সত্ৰ সংস্কৃতিৰ জৰিয়তে ভক্তিভাৱৰ সৃষ্টি কৰি সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ যি প্ৰচেষ্টা হাতত লৈছিল সেয়া যুগে যুগে আদৰ্শ হৈ ৰ’ব। এই অনবদ্য উপাদানসমূহ চিৰদিন চিৰকাল অমৰ হৈ ৰ’ব৷


পৃষ্ঠা ১০

ধাৰাবাহিক উপন্যাসঃ

অভিশ্ৰুতি

চয়নিকা বৰুৱা

খণ্ড -১৬

• Wife....মানে ম....ই নুবুজিলো অভি।

• এইয়া নেহা। মোৰ Wife...
(দাদায়ে মাত লগালে..)

•তই কেতিয়া বিয়া পাতিলি দাদা ?

• আজি ৩ মাহ মান হ'ল। কিন্তু....

• কিন্তু কি দাদা ? তই ৰৈ গলি যে...?

• দাদায়ে মাত্র নিয়মখিনি কৰি বৌক লৈ হে আহিছে। কিন্তু ধুম-ধামেৰে বিয়াখন পাতিবলৈ এতিয়াও বাকী।

• কিন্তু দাদা তোৰ বিয়াখন ধুম-ধামেৰে পতাটো জেঠাইৰ সপোন আছিল নহয়। তই কিয় নাপাতিলি ?

• তুমি নাথাকিলে আমি কেনেকৈনো ধুম-ধামেৰে বিয়াখন পাতো। সেয়েহে তোমালৈয়ে বাট চাই আছিলো। এই সিদ্ধান্ত মই আৰু তোমাৰ দাদায়ে মিলি লৈছিলো। এটি মিঠা মতেৰে নেহা বৌয়ে কথাখিনি ক'লে

• কিন্তু এতিয়া আৰু চিন্তা নাই। তই থিক হ'লি যেতিয়া বিয়াখন ডাঙৰকৈ পাতিয়েই দিম আৰু ,লগতে তহঁত দুটাৰো বিয়াখন পাতি দিম। নে কি কোৱা আইতা ?

দাদাৰ কথা শুনি বৰ লাজ লাগিল । কিন্তু অভিৰ মুখখনলে চাই হে মনত দুখ পালো। সি মোৰ কাৰণেই ইমান বছৰে অপেক্ষাৰত আছিল। কিন্তু মই.....মই কি কৰিলো ? এজনী ছোৱালী দেখি সন্দেহ কৰিলো। কিন্তু মোৰ মনত এটা প্ৰশ্ন জাগি উঠিল। অভিয়ে নেহা বৌৰ নামটো তেওঁৰ ফোনটোত wife বুলি কিয় চেভ কৰি থৈছে ?অভিক কথাটো সুধিব মন গৈছিল যদিও সুধা নহ'ল।

•মাজনী...

• মা......

• অলপ বহি দিয়া চোন গাটো অলপ ভাল পাবা।

• মা তাইক মই বহুৱাম। আপোনালোক অলপ ঘৰলৈ যাওঁক। কিবা অলপ খাই লৈ জিৰণি লৈ লওক।

• নালাগে অভি আজি তুমি অলপ ঘৰলে যোৱা। যোৱা সাত বছৰে তুমিয়েই আছা ৰাতি ৰাতি। আজি মাজনী অলপ সুস্থ হৈ উঠিছে। গতিকে অলপ জিৰণি লৈ আহাঁগে বোপা যোৱা।

• যোৱা অভি মাৰায়ে থিকেই কৈছে। বহুত কষ্ট কৰিলা তুমি অকণমান জিৰণি লৈ আহাঁগে যোৱা।

• মা-দেউতা ইমান বছৰে মই এই দিনটোলৈয়ে বাট চাই আছিলো আৰু আজি যেতিয়া এই দিনটো আহিলে মইনো কোন সতেৰে ঘৰলৈ যাওঁ ? সেয়েহে আপোনালোককে কৈছো অলপ জিৰণি লৈ আহক। আইতা আৰু মাহীয়ে ঘৰত বাট চাই আছে নহয়। মই তেওঁলোকক আপোনালোক ঘৰলে যাব বুলি ফোন কৰি দিলো।

• থিক আছে বোপা তোমাৰ লগতে ঋতুও থাকক। ঘপককে কিবা এটা প্ৰয়োজন হ'লে মানুহ এজন প্ৰয়োজন হ'বই। প্ৰিয়া আইজনী তুমিও অলপ ইয়াতে থাকা। মইনায়েও অলপ ভাল পাব। আমি আহোঁ।

মা-দেউতাহঁত গ'লগৈ। তেওঁলোকক যাবলে দিবলৈ একেবাৰে ইচ্ছা নাছিল । কিন্তু তেওঁলোকৰ বয়স হৈছে। এনেকে থাকি কষ্ট পাব।দাদায়ে অলপ আগবঢ়াই দিলেগৈ। প্ৰিয়া লাহে লাহে মোৰ ওচৰ আহিলে

• শ্ৰুতি...

• ওম....কোৱা....

• এতিয়া গা-টো কেনেকুৱা লাগি আছে ? 

• বৰ এলাইচ ভাব লাগিছে। কথাবোৰ যে....ন মুখৰ পৰা নোলাবই।

• গম পাইছো। তুমি অলপ শুই দিয়া। মই আৰু নেহা অলপ দোকানৰ পৰা আহোঁ।
অহ্ তোমাক কোৱাই হোৱা নাই নহয়। নেহা আমাৰ লগৰেই হ'ব। বাৰু তোমালোক অলপ সময় থাকা আমি দোকানৰ পৰা আহি লৈ কথা পাতিম। নেহা আহাঁ।

•উম ব'লা অভি তুমি বহাঁ। কিবা প্ৰয়োজন হ'লে ফোন এটা কৰি দিলেই হ'ল। শ্ৰুতি তুমি অলপ শুই দিয়া। অলপ ভাল পাবা গা-টো।

 দুয়োজনী ওলাই গ'ল। তাহাঁতি যাবলেহে পালে। ঘপকৈ হাতখন খামোছ মাৰি হুকহুকাই কান্দিবলৈ ধৰিলে

• আৰে আপুনি কিয় কান্দিছে ? কিয়... ?

• মই তোমাৰ অপৰাধী শ্ৰুতি। তোমাৰ চকুত চকু থৈ মোৰ কথা ক'বলৈ সাহস হোৱা নাই। আজি তোমাৰ এই দশা মোৰ কাৰণেই হ'ল । মই নিজক কেতিয়াও মাফ কৰিব নোৱাৰিম শ্ৰুতি কেতিয়াও নোৱাৰিম ।

• আ.....আপু...নি নাকান্দিব চোন। আপোনাৰ..গা....গাত দোষ নাই। আপুনি কান্দি কান্দি মোক কষ্টহে দিছে। আপোনাক কথা এটা সুধো নে ? তেওঁ কান্দি থকা দেখি মই কথাটো সলাই দিলো

•উম সোধা....

• আপুনি নেহাৰ নাম্বাৰটো wife বুলি চেভ কৰি কিয় থৈছে ?

•সন্দেহ জাগিছে নি ?

•নাই । কিন্তু তেনেকে চেভ কৰি থৈছে বাবে সুধিছো।

• সেইটো তোমাৰ ফোনৰ নাম্বাৰ। নেহাৰ ফোনতো ভাঙি থাকিল। সেয়েহে তোমাৰতোকে চলাই আছে।

• অহ্ সেইটো কথা

• সেইটো কথায়েই। তুমি কি বুলি ভাবিছিলা Miss Srutishna ?

• মই সেইবোৰ একো ভবা নাই। মনত প্ৰশ্নটো আছিল কাৰণে সুধি দিলো।

•তোমাক কথা এটা কওঁ বেয়া পাবা নি ?

• কওঁকচোন।

• তুমি মোক আপুনি বুলি নামাতিবা। তুমি বুলি ক'বা।

•কিয় ?

•তেতিয়া বেছি আপোন আপোন লাগে।
শ্ৰুতি আৰু এটা কথা... ।এইবুলি কৈ তেওঁ লাহে লাহে মোৰ কাষ চাপি আহিছে। তেওঁৰ হাতখন মোৰ ককালত দি লাহে লাহে মোৰ কাষ চাপি আহি আছে। তেওঁ যিমানেই মোৰ কাষ চাপি আহিছে। মোৰ বুকুৰ ধপধপনি সিমানেই বাঢ়িছে। ধক্-ধক্...ধক্-ধক্...কৈ। কিন্তু তেওঁ বাৰু কিয় কাষ চাপি আহিছে ? 

•আ.....আপুনি ইমান কাষ চাপি আ....আহিছে..যে ?

•কিয় ? আহিব নাপায় নি ? এইবুলি আৰু কাষ চাপিলে

•নহয় মানে...পায়।

•মোৰ কি কাষ চাপি যোৱাৰ অধিকাৰ নাই ?

•নহয় মানে... আছে।

•মই কাষ চাপিলে বেয়া পোৱা ?

•নাপাওঁ

•তাৰ মানে ভাল পোৱা

•নহয় মানে...পাওঁ।

•তেন্তে মোক সুধিলা যে কিয় বুলি ? মই যিটো কৰিবলৈ আগ বাঢ়িছো। কাষ চপাটো বৰ প্ৰয়োজন। তেওঁ এইবোৰ কি কৈছে মোৰ ভয় লাগিছে। তেওঁ বাৰু কেনেবাকে আৰু অলপ কাষ চাপিলে ,তেওঁ...। এইবাৰ তেওঁ এখন হাতেৰে মোৰ বাহুত ধৰিলে আৰু লাহে লাহে কাষ চাপি আহি আছে। মোৰ ধপধপনি বাঢ়ি গৈ আছে। কাষ চাপি আহি আহি লাহেকে মোৰ কপালত চুমা এটা দি বিছনাখনত শুৱাই দিলে আৰু গাত কাপোৰখন দি ক'লে

• অলপ শুই দিয়া ভাল পাবা। আৰু এটা কথা ভয় খাব নালাগে। তোমাক অকলে পায় মই কেতিয়াও সুযোগ নলওঁ...miss...মোৰ কিবা লাজ হে লাগিল।মই যে কি কি ভাবো নহয়। তেওঁ কেৱল মোক শুৱাই দিবলেহে কাষ চাপিছিল...

আগলৈ...


পৃষ্ঠা ১১

এই বাটেদি ৰাধা যমুনালৈ যায়

শিৱানী বৰা, হাতীগাওঁ, গুৱাহাটী
দূৰভাষ-৭০০২৫৬৪৮৪৪

(যোৱা সংখ্যাৰ পিছৰ পৰা)

সাত

               আজি মানুহজনীৰ এক মিনিটো আজৰি নাই। যিমান পাৰে সোনকালে কামবোৰ এফালৰ পৰা সামৰি গৈছে। বোৱাৰী দুজনীয়ে সহায় কৰে যদিও সিহঁতক দিগদাৰ দিবলৈ বেয়া পায় মানুহজনীয়ে। গধুলি হ'বই আৰু।
: গৃহস্থ আছেনে ?
                 বাহিৰৰ পৰা কোনো অতিথিৰ মাত এষাৰ ভাঁহি আহিল। মানুহজনীয়ে গোহালিৰ পৰা কাণ উণাই ৰৈছে। কোন বা আহিল এই সময়ত ? ৰাস চাবলৈও মানুহ দুই এটা যাবলৈ আৰম্ভ কৰিছেই ইতিমধ্যে। সোনকালে নগ'লে আকৌ বহিবলৈ চকীয়েই নাপাব নহয়। 

: অ' বাইদৌ চাহ এটোপা বনাই দিবচোন। নতুন মিতিৰৰ ঘৰৰ পৰা মানুহ আহিছে। 

          মানুহজনীয়ে ল'ৰালৰিকৈ গৰুকেইটা বান্ধি কুঁৱাৰ পাৰত হাতখন ধুই পাকঘৰলৈ সোমাই আহিল। অলপ আঁতৰত থকা সৰু ছোৱালীক ইংগিত দি মাতি আনি সুধিলে-

: কোন আহিছে ঐ সৰু ?
: মাজনী বাৰ ভিনদৌ আৰু শাহুৱেক আহিছে। 
: খবৰ নিদিয়াকৈ ঘপককৈ ওলালহি যে ?
: পৰহিয়েই ফোন কৰি মাক কৈছিলে। দেতাই মিঠাই আনিও থৈছে। 

                পৰহিয়েই খবৰ দিলে। কিন্তু মানুহজনীয়েহে গম নাপায়। কৈছিলে যদিও পাহৰিলে চাগৈ। এনেয়ো বয়স হৈছে তেওঁৰ। ল'ৰালৰিকৈ আটাৰ বৈয়ামটোৰ পৰা আটা অলপ উলিয়াই মথিবলৈ ধৰিলে। বাকচৰ পৰা নতুন কাহৰ কাঁহী বাতি উলিয়াই আনি ধুনীয়াকৈ সজাই ল'লে। মিতিৰৰ মানুহক কাঁচৰ বাচনত নোৱাৰে নহয় খুৱাব। 

            কম সময়ৰ ভিতৰতে লুচি কেইখন ভাজি ভাতৰ লগত খাবলৈ বনোৱা ভাজি খিনিৰ লগতে অমলেট এটা বনাই ভাল কাপোৰ এসাঁজ পিন্ধি ট্ৰেখন লৈ আলহী বহা কোঠালৈ গৈ ডাইনিং টেবুলত সজাই পৰাই সকলোকে খাবলৈ মাতিলে। 

              আলহী বহা কোঠাৰ পৰা ওলাই আহোঁতে মাজনীৰ শাহুৱেকৰ কথাষাৰে চুই গ'ল তেওঁক-

: বিয়নী আপোনালোকৰহে সুখ বুইছে। ফ্ৰীতে কাম কৰি দিয়া মানুহ এজনী পাইছে। 

            বুকুখন হমহমাই উঠিল। কিন্তু তেওঁ গুৰুত্ব নিদিয়ে আনৰ কথা। নিজৰ আপোন মানুহখিনিয়েতো এনেকুৱা একো কোৱা নাই তেওঁৰ বিষয়ে। গতিকে গাত পাতি লোৱাৰ কি দৰকাৰ। 

" মাধৱপুৰৰ ৰাস প্ৰেমী ৰাইজ, আজি শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ অন্তিম দিনৰ অন্তিম দৰ্শনী ক্ষন্তেক পিছতেই আৰম্ভ হ'ব। গতিকে ৰাইজলৈ বিনম্ৰ অনুৰোধ যাতে অনতিপলমে ৰাসথলিত উপস্থিত হৈ আসন গ্ৰহণ কৰে যেন। ধন্যবাদ। " 

                 মাইকত ভাঁহি আহিছে ৰাস কমিটিৰ সভাপতিৰ  ঘোষণা। মানুহজনীৰ কামবোৰ খৰ হৈছে। ঘৰৰ বাকী মানুহখিনি কেতিয়াবা  পৰা সাজি কাচি  ওলাই আছে। তেওঁহে ওলাবই পৰা নাই। 

: অ' ডাঙৰ বিয়নী আমি ৰাসলৈ যাওঁ দেই। 
  
                হাতত তামোলৰ বঁটাটো লৈ লৰালৰিকৈ ওলাই গ'ল মানুহজনী। এতিয়া কোন কেনেকৈ ৰাসলৈ যাব গমেই পোৱা নাই নহয়। 

: বাইদৌ আপুনি হাঁহৰ মাংসৰ  আঞ্জাখন অলপ আগবঢ়াই থ’ব। বাকীখিনি আমি লাগি দিমহি দেই। আপুনিও যাব পাৰিলেহেঁতেন।  কিন্তু জোঁৱাইৰ গাড়ীখনত বোলে দহটাহে জোৰে। আৰু এটালৈ জেগা নহ'ব। মই নাযাওঁ বুলি কৈছিলোঁ কিন্তু বিয়নীয়ে বৰকৈ লগ ধৰিছে যে আৰু এনেও আপোনাৰ এইবোৰত চখ নাই বুলি জানোৱেই মই। বুঢ়ী মানুহ কিনো কৰিবগৈ আপুনি ?
            
              মাজনীৰ মাকৰ কথাত কোনোমতেহে চকুপানী খিনি চম্ভালি ৰাখিলে মানুহজনীয়ে। মুখত হাঁহি এটা পিন্ধি ক'লে-

: যোৱা তোমালোকে চাই আহাঁগৈ। আমাৰ নো কি আৰু বুঢ়ী মানুহৰ মন। ভাত মই বনাই থ'ম। চিন্তা কৰিব নালাগে। 
  
              তেনেতে ফুলনিৰ জোপোহাৰ আঁৰৰ পৰা ভাঁহি অহা কথোপকথন আহি মানুহজনীৰ কাণত পৰিলহি-

: আমাৰ লগত তোমালোকৰ  এ টি এম কাৰ্ডো যাব নেকি ?

: হা হা জমাই দিছা তুমি। সেই বুঢ়ীজনীক কোনে লগত নিব ? আৰু এনেকৈ এ টি এম বুলি নক’বা।  শুনিলে ডাঙৰ কথা হ'ব। চহৰত বৰ্তাই বোলে মাটি অলপ কিনিছিল। তাৰে একঠা বোলে বুঢ়ীৰ পৰা লিখাই দেউতাই আমাক দিব বিয়াৰ সময়ত। গম পালে মুদাই মৰিব। 

: ঐ এ টি এমৰ কথা কি পাতি আছ ? শুনিলে গম পাবি। পিছত কানাই চানাই হ'লে তহঁতকে দৰকাৰ হ'ব বুঢ়ীক। ব'ল এতিয়া ৰাস আৰম্ভ হ'বই। ছিট নাপাবি।

                 শেষৰ কথাখিনি সৰুজনী জাকৰ আছিল। যাক শাহুৱেক কালৰী বুঢ়ীয়ে মানুহজনীক গটোৱা সৰুটো পুতেকৰ পত্নী। এইবাৰ মানুহজনী ৰৈ থাকিব নোৱাৰিলে। দৌৰ মাৰি গ'ল নিজৰ কোঠালিলৈ। 

              চিঞৰি চিঞৰি কান্দিছে মানুহজনীয়ে। নিজ হাতেৰে তুলি তালি ডাঙৰ কৰা মাজনীয়ে ডাঙৰ মাকৰ বিষয়ে ইমান বেয়াকৈ ভাবে!! হ'বলগীয়া স্বামীৰ কথাত আপত্তি কৰাৰ সলনি সমৰ্থনহে কৰিলে আজি !
 
                পোন্ধৰ বছৰ বয়সতে এইখন ঘৰলৈ আহি আপোন কৰি লৈছিলহি। আজি ২৪ বছৰে ঘৰখন নিজ হাতেৰে গঢ়ি তুলিলে মানুহজনীয়ে। জন্মৰ পৰা চাৰিটা কেঁচুৱা নিজ হাতেৰে তুলি তালি ডাঙৰ দীঘল কৰিলে। এতিয়াও প্ৰতিটো বস্তুৰে যোগাৰ দিয়ে মানুহজনীয়ে। ভদ্ৰ মহৰীৰ পেঞ্চনৰ পইচাৰ এক টকাৰো আজিলৈকে হিচাপ ৰখা নাই তেওঁ। গোটেই টকাকেইটা ল'ৰা-ছোৱালী কেইটাৰ নামতেই খৰচ কৰে। 

               মানুহজনী অন্ধ নহয়। কাণো গধুৰ নহয়। সকলো দেখে সকলো শুনে। কিন্তু মনে মনে থাকে। ঘৰৰ মানুহবোৰে যে মানুহজনীক পেঞ্চনৰ টকাৰ পৰিমাণৰ কথা মিছাকৈ কয় সেয়াও জানে। ওচৰৰ গোলাপী নবৌ, জানমণিৰ মাকহঁতে সদায় কয় তেওঁক -

: আজিকালি যে কোনেও দুহেজাৰ টকাৰ পেঞ্চন নাপায়। ঠগিছে সিহঁতে আপোনাক। 

                 কিন্তু মানুহজনীয়ে একো নকয়। বুজি পাই তেওঁ যে চাৰি জনীয়া পৰিয়াল এটা পুহি ৰখাটো ইমান সহজ নহয় মদাহী দেওৰেক দুটাৰ কাৰণে। 

                তেওঁলৈ যে কামবোৰ পেলাই থয় সেয়াও জানে । কিন্তু মানুহজনীয়ে অশান্তি নিবিচাৰে ঘৰখনত। দুয়োটা পৰিয়ালকে সামৰি ৰখাটোৱেই ঘৰখনৰ ডাঙৰ হিচাপে মানুহজনীৰ দায়িত্ব বুলি ভাবে। ল'ৰা-ছোৱালী চাৰিটাৰ কাপোৰ ধোঁৱা বা আন কামবোৰ মানুহজনীয়ে অন্তৰৰ পৰাই কৰে। 
  
                   সকলোবোৰ কথা তেওঁ আওকাণ কৰে। কিন্তু এইটো কথাত পূৰ্ণ বিশ্বাস আছিল মানুহজনীক সকলোৱে খুব ভাল পায়। আপোন বুলি ভাবে। মৰমবোৰ কৃত্ৰিম নহয়। কিন্তু আজি তেওঁলোকৰ কথোপকথনে এইটো প্ৰমাণ কৰিলে যে তেওঁ কেৱল ঘৰখনৰ বাবে কাম কৰা মানুহতকৈ কোনো গুণে কম নাছিল। 
 
                মানুহজনীয়ে নিজৰ জীৱনটো কেৱল পৰিয়ালৰ নামত উচৰ্গা কৰিলে, মাটি টুকুৰা এনেও ইহঁত চাৰিটাৰ মাজত সমানে ভগাই দিম বুলিয়েই ভাবিছিল। ইমানবোৰ পৰিকল্পনা কৰাৰ আগত এবাৰ যদি নিজেই আহি খুজিলে হেঁতেন তেওঁ মাটিৰ কাগজখিনি নিজেই হাতত তুলি নিদিলে হেঁতেন জানো ! 

              এইবাৰ পাগলীৰ দৰে ইনাই বিনাই কান্দিছে মানুহজনীয়ে। ৰাসথলিৰ পৰা ভাঁহি অহা দৈৱ বাণীৰ শব্দত কান্দোনৰ শব্দটো তল পৰি গৈছেগৈ। মানুহজনীক উদ্দেশ্যি যেন উপহাস কৰি উঠিছে সেই আকাশ বাণী !

আগলৈ........


পৃষ্ঠা ১২

অণুগল্পঃ

ক/ সন্দেহ

লাৱণ্য ৰাণু ফুকন
উত্তৰ লখিমপুৰ,
(যোগাযোগ--৭০০২৫৮৭৪৩২/৯৬১৩৫১৬৫১৮)

অই জীৱন আজি আমি এটা কাম কৰিম ,এই ৰীণাহঁতৰ ঘৰত ৰাতি মনে মনে জোপ লম! সিহঁতৰ ধান-চাউল নাই বাপেকো নাই পুৰণি চিলাই  মেচিন এটা আৰু তাঁতশাল এখনহে, কেনেকৈ পঢ়া-শুনা কৰি চলিছে এই জুইছাইৰ দিনত!
আজি ধৰা পেলাম সিহঁতৰ চৰিত্ৰ।নিশালৈকে মতা মানুহৰ অহা-যোৱা---! ইহঁতক এঘৰীয়া কৰিম ৰহ!
সন্ধ্যা হোৱাৰ পিছতে এজন গাড়ীত মানুহ আহি সোমাল । সিহঁতে মোবাইলত ৰেকৰ্ড কৰিলে।
মানুহজনে ক'লে, হ'লনে প্ৰৱন্ধটো, "হ'ল দাদা" এহেজাৰ দিলে হ'ব নে  ?" হ'ব হ'ব দাদা!"আকৌ এজন আহিল, ক'লে মোৰ গল্পটো হ'ল নে ভণ্টি ,পাঁচশ টকাত হ'ব নে?" হ'ব" এইবাৰ মাক-জীয়েকে ক'লেহি-মুগা ৰিহাখন ওলাল নে ?দহি বনালা নে ?দীঘে-বাণীয়ে মুগা সূতাৰ বাবে চাৰি হাজাৰ--!
মদন লাজ পাবলৈ আহিলো । ইহঁতক ধন্য মানিছো । আৰু লেখক চুৰ কেইটাৰ ৰেকৰ্ড কৰা কথা কেইটা ফেচবুকত মেলি দিম এতিয়া !


খ/ উৰুলি

দিব্যজ্যোতি ৰাজখোৱা
দেৰগাঁও

কিমান বছৰৰ পৰা যে বিয়াখন হ'ব হ'বকৈ আছিল ৷ এতিয়াহে বিয়াখন হ'ব বুলি জানি আনন্দ লাগিছে ৷ উৰুলিৰ শব্দত যেন বৰুৱাৰ ডাঙৰ জীয়ে আৰু বেছিকৈ উচুপি পৰিছে।
অৱশেষত ৰভা তৰিল। যিখন চোতালত আজি উৰুলিৰ শব্দ শুনিব লাগিছিল সেইখন চোতালৰ একেখন ৰভাতে আজি বৰুৱাৰ শৰাধৰ আখৰা...
লাহে লাহে ঘৰখনৰ পৰা উৰুলি শুনা হেঁপাহৰ গৰাকীজন মহামাৰীৰ সোঁতত উটি যাব ধৰিছে এখন অজান দেশলৈ..


গ/ বৈষম্য

অসমা টুংখুঙীয়া
নামতি

আগৰ কথা বেলেগ আছিল ।হঠাতে অফিচত থাকোতেই পত্নী নির্মালীয়ে সদ্য -বিবাহিত মৰমৰ খুলখালী ভূপালী দুদিনমান থকাকৈ আহিব বুলি কোৱাত ,কি খুৱাব ,কি পিন্ধাব আলহ -উদহৰ বিষয়ে ভৱাতকৈ অন্য এটা চিন্তাইহে মনোজ বৰুৱাক আমনি কৰিবলৈ ধৰিলে ।
বাঁও গালৰ এটা মাথোঁ তিলেই এতিয়া স্বামী আৰু ভিনিহিয়েকৰ  সম্পৰ্কৰ সাঁকো ডাল বান্ধি ৰাখিব ।
ঘৰলৈ আহি বৰুৱাই বিতচকু নোখোলাই হ'ল ।


পৃষ্ঠা ১৩

এক মিনিটৰ গল্পঃ

অস্তিত্ব

নিবেদিতা দাস দত্ত
পটীয়া গাওঁ, যোৰহাট

      খং নে অভিমান  বুজি নাপায় দুয়ো, অকনমান মৰম বিচাৰি হাবাথুৰি খাই সৰু সৰু কথাতে প্ৰজ্ঞানৰ লগত কাজিয়া লাগিব বিচাৰে  অৰুন্ধতীয়ে। মুখখন ফুলাই বহি থাকিলে সি বাৰে বাৰে বুকুৰ মাজত সাৱটি কপালত চুমা আঁকি দিয়ে, হয়তো এইয়াই দুখন অন্তৰৰ মিলনৰ মৰম, অনুভূতি, ভালপোৱা...

: তুমি, কাৰ লগত যাবা অৰুন্ধতী ? 
প্ৰজ্ঞানে আইনাৰ সন্মুখত মূৰটো আঁচুৰি অৰুৰ ফালে নোচোৱাকৈ সুধি পেলালে। 
: কাৰ লগত মানে ? সদায় যেনেকৈ যাওঁ তেনেকৈ যাম। এপেখনত উঠি লৈ টাউনত নামি সেই দূৰ খোজ কাঢ়িয়ে যামগে।
: মই যাম, মোৰ লগতেই তুমি ওলাবা। প্ৰজ্ঞানে অৰুৰ ফালে নোচোৱাকৈয়ে কথাবোৰ কৈ যায়। আজি বুলি নহয়, বিয়া হোৱা পাঁচ বছৰ হোৱা স্বত্তেও দুয়ো দুয়োকে এতিয়াও লাজ কৰে।
 কিয় কৰে ? এইটো উত্তৰ দুয়োয়ে বিচাৰিয়ে নাপায়।
: নালাগে, তুমি যোৱাগৈ। এদিন তোমাৰ লগত গৈ কি হ'ব ; সদায়তো মই অকলেই যাওঁ।
: একো নোকোৱাকৈ প্ৰজ্ঞানে গাড়ীৰ চাবিপাত লৈ ওলাই গ'ল...
কথাষাৰ কৈ অৰুই পাৰ্চটো, হাতত মোবাইলটো লৈ এপে অহালৈ ৰৈ থাকিলে পদূলি মুখতে

          অৰুন্ধতী আৰু প্ৰজ্ঞান বুলি ক'লে চুবুৰীটোত বেয়া পোৱা মানুহ ছাগে কমেই ওলাব। সহজ-সৰল, অমায়িক প্ৰজ্ঞানক গাঁৱৰ সকলোৱে ভালপায়। একে গাঁৱৰে অৰুন্ধতীৰ লগত সৰুৰেপৰা প্ৰজ্ঞানৰ চিনাকি যদিও ঘৰৰ পচন্দমতেহে দুয়ো বিয়াত বহিছিল। যৌথ পৰিয়ালত বিয়া হৈ অহা অৰুন্ধতীৰ কৰ্মসূত্ৰে অহা যোৱা কৰাত দূৰ হোৱা হেতুকে পৰিয়ালৰ সকলোৱে সমিল মিলাই সিদ্ধান্ত লৈ দুয়োকে ভাড়াঘৰত থাকিবলৈ আদেশ দিছিল। মৰমলগা অৰুজনীয়ে প্ৰথম অৱস্থাত খুব টান পাইছিল ঘৰখনৰ পৰা দূৰত থাকিবলৈ, উপায় নোহোৱাত বাধ্য হৈছিল দুয়ো একেলগে ভাড়াঘৰত থাকিবলৈ।
 : অৰু, তুমি চাকৰি এৰি দিয়া। মোৰ চাকৰিৰ টকাৰে আমি দুয়ো ভালকৈ চলিব পাৰিম। আমাৰ দেখোন বেলেগ খৰছ নাইয়ে। তুমি মই আমি হ'ব বিচাৰোঁ। এতিয়া বহুত দেৰি হ'ল.... অফিচতো মোক সকলোৱে কৈ আছে সংসাৰখন আগুৱাই নিবলৈ । সৰু ছোৱালীৰ দৰে কুচিমুচি প্ৰজ্ঞানৰ বুকুৰ মাজত থকা অৰুই স্তব্ধ হৈ ঠাইতে বহি ৰ'ল। 
: কি হ'ল অৰু.. তুমি থতমত হৈ ৰ'লা যে ?
     অৰুৰ চকুৰে দুধাৰি চকুলো বৈ আহিল। তাই ভবা নাছিল এনেকুৱা এটা সিদ্ধান্তৰ কথা প্ৰজ্ঞানে অকলে লব বুলি। চাকৰি এৰাৰ কথা তাই ভুলটো ভাবিব নোৱাৰে। চাকৰিটো তাই বহুত কষ্টৰ ফলতে পাইছিল। বৃদ্ধ মাক গৰাকী তাইৰ উপাৰ্জনতে দুবেলা দুমুঠি খাই বৈ জীয়াই আছে। 
তাইৰ চাকৰিটো মাকৰ ভৱিষ্যত, কেনেকৈ হেৰুৱাই পেলাই তাইৰ অস্তিত্ব...
: কথাটো এবাৰ ভাবি চোৱাচোন প্ৰজ্ঞান, চাকৰিটো এৰি নিদিয়াকৈ সংসাৰ আগবঢ়াব নোৱাৰি নেকি ? লাহেকৈ কথাটো প্ৰজ্ঞানক কৈ তাই দীঘলকৈ উশাহটো টানি ল'লে।
: .
: .
: চাকৰিটো এৰি নিদিয়াকৈ তোমাৰ জানো জীৱনটোত কিবা সম্ভৱ, কোৱা ? চাকৰিটোৰ বাবে তুমি লৰালৰিকৈ ওলাই যোৱা, সেইখিনি সময়ত মই তোমাৰ কোন তুমি এবাৰ ভাবি চোৱানে ? বহুত ভাবিলোঁ, বহুত বুজিলোঁ... আজি শেষ সিদ্ধান্ত ল'লো, তুমি মই এক হোৱাৰ বেলেগ ৰাস্তা আৰু নাই। তুমি চাকৰি বাদ দিবয়ে লাগিব...
: কিন্তু, মোৰ কথাবোৰ এবাৰ ভাবি চোৱা প্ৰজ্ঞান;
: এতিয়া বহুত দেৰি হ'ল অৰু, বহুত ভবাৰ পিছতে এইষাৰ আজি কবলৈ বাধ্য হৈছো। এতিয়া সিদ্ধান্ত তোমাৰ, তুমি কি বিচৰা ? মোক নে তোমাৰ চাকৰি ? খংত চলচলীয়া চকুজুৰিৰে প্ৰজ্ঞানে কৈ দিলে কথাষাৰ।
: মই বিচাৰোঁ চা.....ক....ৰিটো। যিয়ে নেকি মোক তুলি তালি ডাঙৰ দীঘল কৰা মাৰ একমাত্র সম্পত্তি মোৰ এই চাকৰিটো। মোৰ এই চাকৰিটো মোৰ অস্তিত্ব। মই কোনোপধ্যেই এই সুযোগ হেৰুৱাব নোৱাৰো।
: খংত তিঙিৰ তুলা হৈ প্ৰজ্ঞানে কৈ পেলালে অৰুক, তেন্তে মই ডিভোৰ্চ বিচাৰোঁ তোমাৰ পৰা।

            ভৰিৰ তলৰ মাটি নোহোৱা যেন লাগিল অৰুৰ। ইমান দিনে যাক পৃথিৱীৰ সমস্ত বুলি গণ্য কৰি আহিছে, এটা সৰু কথাক লৈ তেওঁ ইমান ডাঙৰ সিদ্ধান্তত অটল হ'ল যে মৰম, ভালপোৱা দলিয়াই পেলাব পাৰিলে নিমিষতে। নাই নোৱাৰে তাই প্ৰজ্ঞানক এৰি এক মূহুৰ্তও থাকিব, নোৱাৰে অনাগত দীঘলীয়া সময়বোৰ প্ৰজ্ঞানৰ ছাঁটো নেদেখাকৈ থাকিব । নাই নোৱাৰে একোয়ে নোৱাৰে প্ৰজ্ঞানৰ অবিহনে। তাই কল্পনাও কৰিব নোৱাৰে প্ৰজ্ঞানৰ অনুপস্থিতি যে তাইৰ বাবে এটি ডাঙৰ শূণ্য। কিন্তু, কি হ'ব তাইৰ বৃদ্ধ মাকৰ ? প্ৰজ্ঞানৰ টকাৰে পাব নেকি মাকজনী জীয়াই থকাৰ   প্ৰেৰণা। এদিন, দুদিন হয়তো দহদিন... আমনি লাগিব প্ৰজ্ঞানৰ, অৰুন্ধতীৰ মাকৰ খৰছ বহন কৰিবলৈ। এটি সৰু কথা অৰুন্ধতীকে যেতিয়া ডিভোৰ্চৰ কথা কব পাৰিলে, তেনেস্থলত অৰুন্ধতীৰ মাক সময়ত প্ৰজ্ঞানৰ মনত তেনেই নগন্য প্ৰাণী হৈ পৰিব। পৃথিৱীত মানুহ চিনি পোৱাত বহুত কঠিন। সময়ৰ গতিৰ লগতেই চিনাকিবোৰ অচিনাকি হৈ পৰে। দিন গৈ বাগৰ সলাই, মানুহৰ মনবোৰেও সময়ৰ দ্ৰুত গতিত উৰা মাৰে পলকতে।
:
:
:
     উকা ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই অকলে দহবছৰত ভৰি দিয়া অৰুই এতিয়া চকুৰে ভালকৈ মনিব নোৱাৰে। প্ৰজ্ঞানৰ চিন স্বৰূপে ডায়েৰীটো লগত লৈ আহিছিল তাই। শেষৰ পৃষ্ঠাৰ প্ৰজ্ঞানৰ গদগদীয়া আখৰৰ সেই লাইন কেইটা এতিয়া অৰুৰ অশ্ৰুভৰা নয়নৰ ক্ষীণ আশা---
      " জপনাখন খুলি থ'ম সদায় তোমাৰ খোজৰ পদচিহ্ন পাম বুলি। মিচিকিয়া হাঁহিটো ওঁঠত আঁকি লৈ বন্ধ কৰি ল'বা তোমাৰ সুখৰ টোপোলাটি"


পৃষ্ঠা ১৪

অনুবাদ কবিতা ঃ

Overcast

Are they blue, gray or green ?  Mysterious eyes
(as if in fact you were looking through a mist)
in alternation tender, dreamy, grim
to match the shiftless pallor of the sky.

That's what you're like-these warm white afternoons
Which make the ravished heart dissolve in tears,
the nerves, inexplicably overwrought,
outrage the dozing mind.

Not always, though -sometimes
you're like the horizon when the sun
ignites our cloudy autumn how you glow !
A sodden countryside in sudden rout,
turned incandescent by a changing wind.

Dangerous women-demoralizing days !
Will I adore  your killing frost as much,
and in that implacable winter, when it comes,
Discover pleasures sharper than iron and icr ?

Charles baudelaire.

মেঘাচ্ছন্ন
(OVERCAST-By Charles Baudelaire)

অনুবাদঃ প্রাণ কৃষ্ণ গোস্বামী

তোমাৰ ৰহস্যঘন চকুহালিত 
এয়া নীলা, ধূসৰ নে সেউজীয়া ?
(আচলতে তুমি যেন কুঁৱলীৰ মাজেৰেহে চাইছা)
ক্ষণে পৰিৱৰ্তিত কোমল, স্বপ্নৱিষ্ট, বিমৰ্ষিত,
যেন অলস শেঁতা আকাশৰ সতে প্ৰতিযোগিতা ৷ 

তুমি তেনেকুৱাই -বিহ্বল হৃদয়ক 
অশ্ৰু বিগলিত কৰা এই গ্ৰীষ্মৰ অপৰাহ্ন,
আশাতীতভাৱে অৱসন্ন দেহাই
বিধ্বস্ত কৰা নিদ্ৰালস মন ৷

সদায়েতো এনে নোহোৱা তুমি-কেতিয়াবা
তুমি যেন সুৰুযে ৰহন সনা
শাৰদী আকাশৰ উজ্জ্বল দিগন্ত,
কেনে যে উদ্ভাসিত তুমি ৷
হঠাৎ অহা বৰষুণে ওপচোৱা ধৰণীত
তুমি যেন বতাহে সৃষ্টি কৰা বিচ্ছুৰিত কিৰণ  ৷

ভয়াবহ নাৰী -আশাহত দিনবোৰ ৷
পূজিমনে তোমাৰ মৃত্যুদায়ী তুষাৰ ?
আৰু যেতিয়া সেই নিষ্ঠুৰ শীত আহিব
বিচাৰিম জানো লোহা আৰু
বৰফতকৈও তীক্ষ্ণধাৰ আনন্দ ?


(কবিতাটি মূলতে ফৰাছী ভাষাত  লিখা যদিও ইংৰাজী সংস্কৰণৰ পৰা অনুবাদ কৰা হৈছে)

ফৰাচী কবি চাৰ্লচ বোদলেয়াৰ (১৮২১-১৮৬৭) ঊনবিংশ শতিকাৰ এজন প্ৰসিদ্ধ কবিয়েই নহয়, তেওঁক বিশ্ব সাহিত্যৰ বুৰঞ্জীৰ এক উজ্জ্বল নক্ষত্ৰ বোলা হয় ৷ প্ৰথমতে তেওঁ ছদ্ম নামতহে কবিতা লিখিছিল, পিচলৈ নিজৰ নামত লিখিলেও তেওঁৰ প্ৰথম কাব্য সংকলন ' The Flowers of Evil' (ফৰাচী ভাষাত) প্রকাশ পায় ১৮৫৭ চনত ৷ ১৮৬২ চনত বোদলেয়াৰৰ একুৰি 'কথা-কবিতাৰ ' এক সংকলন প্ৰকাশ পায় ৷ তেওঁৰ মৃত্যুৰ পিচত মুঠ আঢ়ৈকুৰি 'কথা-কবিতাৰ' আন এটা সংকলন প্ৰকাশ কৰা হয় ৷ বোদলেয়াৰ তেওঁৰ সময়ৰ এজন আধুনিক আৰু প্ৰগতিশীল (  Redical) লেখক আছিল ৷ তেওঁৰ এনে প্ৰগতিশীল ভাৱধাৰাৰ প্ৰভাৱ বিংশ শতাব্দীৰ টি এচ ইলিয়ট আদি বিখ্যাত সাহিত্যিকসকলৰ ৰচনাটো পৰিলক্ষিত হয় বুলি বিজ্ঞসকলে মত পোষণ কৰে ৷


পৃষ্ঠা ১৫

অসমীয়া ভাৱানুবাদ- মানৱ ঋতু
মূল-The Human Season by John Keats

Four Seasons fill the measure of the year;
There are four seasons in the mind of man:
He has his lusty Spring, when fancy clear
Takes in all beauty with an easy span:
He has his Summer, when luxuriously
Spring's honied cud of youthful thought he loves
To ruminate, and by such dreaming high
 Is nearest unto heaven: quiet coves
His soul has in its Autumn, when his wings
 He furleth close; contented so to look
On mists in idleness—to let fair things
Pass by unheeded as a threshold brook.
He has his Winter too of pale misfeature,
Or else he would forego his mortal nature.

মানৱ ঋতু       

বছৰটোৰ জোখ হয় চাৰিটি ঋতুৱে;
চাৰিটি ঋতু আহে মানৱ জীৱনলৈও।
নামি আহে বসন্ত তেজোদীপ্ত 
এয়াই যৌৱন আড়ম্বৰপূৰ্ণ 
সামৰি লয় সকলো সৌন্দৰ্য্য
জীৱন হৈ পৰে স্পন্দিত প্ৰসাৰিত। 

বৈ আহে বৰ্ষা ঋতুটি
জীৱন নদীয়েদি
সময়বোৰ কটাই দিওঁ আমি 
যৌৱনৰ সেই আনন্দপূৰ্ণ মৌসনা বিলাসিতাবোৰৰ মধুৰ মুহূৰ্তবোৰ 
অনেক ৰকমে ৰোমন্থন কৰি । 

মানৱ জীৱনলে শৰৎ আহে তৃতীয়তে
মানুহে তেতিয়া মনৰ পাখি মেৰিয়াই বান্ধে 
আন্ধাৰৰ কুঁৱলিয়ে যেন আৱৰি ধৰে
ৰৈ গ'লেও জুৰি এটি 
দুৱাৰডলিয়েদি 
ভ্ৰূক্ষেপ নকৰে মানুহে সমূলি। 

একেবাৰে শেষত শীত কালৰ আগমন ঘটে
জীৱনটো অতিকে চমু হৈ আহে
দেহৰ বৰণ শেঁতা হৈ পৰে
বিকৃত আকৃতি পৰিগ্ৰহণ কৰে,
আৰু মানুহ যে মৰণশীল, সেই কথা সঁচা হৈ পৰে।


পৃষ্ঠা ১৬

Not by Erin Henson
অনুবাদঃ জয়ন্তীমালা বৰপূজাৰী

You are not your age,
Nor the size of clothes you wear,
You are not a weight,
Or the colour of your hair.

You are not your name,
Or the dimples in your cheeks,
You are all the books you read,
And all the words you speak,

You are your croaky morning voice,
And the smiles you try to hide,
You’re the sweetness in your laughter,
And every tear you’ve cried,

You’re the songs you sing so loudly,
When you know you’re all alone,
You’re the places that you’ve been to,
And the one that you call home,

You’re the things that you believe in,
And the people that you love,
You’re the photos in your bedroom,
And the future you dream of,

You’re made of so much beauty,
But it seems that you forgot,
When you decided that you were defined,
By all the things you’re not.

নহয়
                         
তোমাৰ বয়স তোমাৰ চিনাকি নহয়,
নহয় পৰিধান তোমাৰ পৰিচয়,
তুমি কোনো ওজন নোহোৱাঁ,
চুলিৰ ৰঙো নহয় তোমাৰ চিনাকি,
নাই পৰিচিতি নামত,
নতুবা গালৰ টোলত, 
তুমি পঢ়া  কিতাপৰ জ্ঞানত তুমি,
আৰু আছা উচ্চাৰিত শব্দৰ মাজত, 
পুৱাৰ ভঙা ভঙা মাতত তুমি,
আৰু  আছা
লুকাই ৰাখিব খোজা মিচিকি হাঁহিত,
তোমাৰ হাঁহিৰ খিলখিলনিত তুমি,
আৰু চকুলোৰ প্ৰতিটো টোপালত,
অকলশৰীয়া পলত, 
আছা তুমি মুক্তকণ্ঠে গোৱা প্ৰতিটো গীতত,
তুমি আছা ফুৰি অহা ঠাইৰ অভিজ্ঞতাত,
আৰু আছা নিজৰ ঘৰত,
বিশ্বাসৰ প্ৰতিটো বস্তুত আছা তুমি,
আৰু আছা নিজৰ প্ৰিয়জনৰ মাজত, 
শোৱনিকোঠাৰ ছবিত তুমি,
আৰু ভৱিষ্যতৰ সপোনৰ মাজত ।
তুমি সুন্দৰৰ এক সমাহিত ৰূপ, 
কিন্ত্ত যেন, 
পাহৰণিৰ আৱৰণে ঢাকিলে তোমাক, 
যেতিয়া স্বীকাৰ কৰি ল'লা সেই পৰিচয়,
যি তোমাৰ কেতিয়াও নহয় ।
               

পৃষ্ঠা ১৭

কবিতাঃ

শিলাস্তম্ভ

"আছে সুখ-দুখ শৰীৰৰ প্ৰতি,
তাক খণ্ডাব কাৰ বাপৰ শকতি"
                              
হেৰুৱালো বুলি জনাৰ
বহু আগতেই
হেৰাই যায় সেই সকলোবোৰ
যিটো এদিন নিশ্চিত বুলি
ধৰি লোৱা হৈছিল।

এই যে প্ৰাৰ্থনা এটাক
তেজত কঢ়িয়াই লৈ ফুৰাৰ পাছতো
মন্দিৰ বিচাৰি বিচাৰি ঢপলিয়াই

বুজে জানো সেই ব্যাথা
বুকুত খোপনি পোতা
শিলৰ দেৱতাই

অহাৰ বাটত লিখা থাকে 
উভটি যোৱাৰ কথা
হাতে হাতে
একোখন বিচ্ছেদৰ ৰঙা পতাকা !

(টোকা: ওপৰৰ শাৰী দুটা যোজনা)

জাহ্নৱী কাকতি
গাওঁ- সানপাৰা
ডাকঘৰ- ঝাৰোবড়ী
জিলা- কামৰূপ (অসম)
পিন- ৭৮১১২২
যোগাযোগ নং- ৯৩৬৫১৬৫২৫২


পৃষ্ঠা ১৮
কোষ

কোন এই মই ?
কিছুমান কোষৰ সমষ্টি মাথোঁ,
তাকো পৰাধীন।

আৰু জীৱন ?
ৰঙীন ঘড়ী এটাৰ কেইটামান
ছেকেণ্ড-পল-অনুপল মাত্ৰ,
মায়া-মোহৰ মৰীচিকাত যাৰ
সূৰ্য্যোদয় আৰু সূৰ্য্যাস্ত।

আনহাতে এই পৃথিৱীখনো 
এটা বিৰাটাকাৰ শূন্যহে,
ইয়াৰ মাজতেই আমি 
বৃত্তাকাৰে ঘূৰি আছো
সেই আদিমৰে পৰা 
আৰু হয়তো ঘূৰিয়েই থাকিম
অনন্ত কাললৈ।

আমি জানো যে লাহে লাহে
সকলাে শেষ হৈ আহিছে,
চৌদিশৰ এককোষী-বহুকোষী জগতখন।

আচলতে এয়া কোনোবা যাদুকৰৰ মায়াজাল,
বিজ্ঞানৰ জোলোঙাত গুপুতাই ৰখা কেতবোৰ গুপ্তধন,
সঁচা মাথোঁ চিৰনিদ্রা।

মিনহাজুল আবেদিন
সত্ৰশাল, ধুবুৰী
ফোন- ৮১৩৩০৯০১৫৪


পৃষ্ঠা ১৯
স্তব্ধ

স্তব্ধতাৰ ৰুদ্ধশ্বাস যামিনী, প্ৰত্যুষ উভতি নাহে।
প্ৰভাতীৰ বিনন্দি পক্ষীৰ মাতত  তন্ময় ভাঙে।

বিষাদৰ শৰ্বৰী নাযায় নুপুৱাই, প্ৰসুপ্তিও যাই হেৰাই।
সমীৰে দিয়েহি তোমাৰে বতৰা, মোৰ চেতনা লৈ যায়।

আঁকি দিবলৈ মন যায় তোমাৰ গৰ্বিত ওঁঠযুৰিত,
তৃপ্ত দুচকুৰ ভাষাৰে, কুমল ওঁঠৰ পৰশৰ তৰণিত।

মন যায় তোমাৰ সোঁৱৰণীত ফাগুন চতিয়াই,
মূৰত অৱগুণ্ঠন টানি  সাবটি লবলৈ বুকুত সোমোৱাই।

মোৰ ব্যাকুল বুকুত আঁকি ললো তোমাৰ ছবি,
পাৰি জানো মচিব ? নহ'বনে তেজৰ চেঁকুৰাৰে ৰাঙলি।

অৰ্দ্ধনিদ্ৰাত প্ৰত্যাশা হৈ আহাঁ, ছায়া হৈ জয় গীত গোৱা,
কিয় ? কিয় মই চুব খুজিলে মায়া হৈ উৰি যোৱা।

স্তব্ধ, এইয়া মাথোঁ স্তব্ধ, অবাস্তৱিত এটি স্বপ্ন,
এইয়া বিৰল, আঁওসীৰ জোন সমূখতে দুবিব।

বিব্ৰত অনুপল মৰাণ
তিনিচুকীয়া, মাকুম ডিমৰুহোলা
মঃ 6900800807


পৃষ্ঠা ২০
পথ

স্মৃতিকাতৰ এটি পথ 
য'ত ওলমি ৰ'ল মোৰ যৌৱন
জীৱনৰ প্ৰথমটো প্ৰাপ্তি 
মিঠা অনুভূতি
য'ত পৰি ৰ'ল মোৰ নিলিখা সতেজ ডায়েৰীৰ পাত।

ব্যস্ত পথটি
আজি নিৰৱ নিস্তব্ধ 
অত বসন্ত‌ গুচি যোৱাৰ পিছত
সেউজীয়াৰ প্ৰেমিকজনো
আজি সৰাপাতৰ লগৰি।

এটি পথ
দুয়োকাষে ওলমি ৰোৱা
অকথিত প্ৰেমৰ কাহিনী
ভেলৌ গছবোৰ আমাৰ সাক্ষী
অপ্ৰাপ্তিৰ জীপাল স্মৃতি।

এটি পথ
তাহানিতে এৰি অহা কালজয়ী স্মৃতি
হয়তো আজিও জীপাল তাৰ বাবে
মোক লগ পালেই ইতিহাস লুটিয়াই
শুকান পাতৰ ৰস উলিয়াবলে ।
 
এই পথ 
হয়তো কেৱল পথ নহয়
বহুতৰ অংকুৰিত যৌৱন অনন্য দস্তাবেজ
আবেগিক নষ্টালজিয়া।

শংকৰ ৰেগন
ফোন নং 8486095954


পৃষ্ঠা ২১
জ্ঞান মেলাৰ কবিতা

আঙুলিটোৱাই  কোনে  কাক কথা কয় ?
সহযাত্ৰী আমি ক্ষণিকৰ  যাত্ৰা অসীমৰ

নাভাবি নোৱাৰি নে থাকিব ?
মিছা  অহংকাৰত  তুমি সৰু বৰ !

ভুলতো এবাৰো নপঢ়িলা নে ? আৰোহী বাহনত অথবা পথৰ দেৱালত লিখা এষাৰি কথা 

"আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় "
আঙুলিটোৱাই  কোনে কাক  কথা কয় ?

সভ্যতাৰ আদিপাঠ তুমি চাগে  পঢ়া নাই 
সমাধিত সমানে শয়ন সৰু-বৰ নাই ।

কত প্ৰতাপী ৰজা-মহাৰজা এই মৰতত 
কত স্মৃতিসৌধ, কত বিজয় নিচান, কঁপে বতাহত।

পাহৰিছা কিয় ? মৃত্যুৱে নাৰাখে  ভেদা-ভেদ ,
মান-সন্মান, যত অহংকাৰ মৃত্যুতে হ'ব শেষ।

মিছা অহংকাৰ এৰি যথাযোগ্য মান ধৰি
মাতিবলৈ শিকিব নে মৰমৰ মাত এষাৰি ?

আঙুলিটোৱাই নহয় 
কোনো বীৰ সৰু নহয় 
এয়াই যে ৰণাঙ্গন  নিষ্ঠুৰ সংগ্ৰাম মানুহৰ ।

জ্ঞানৰ মেলাত তুমি জ্ঞানৰ ক্ৰেতা নে বিক্ৰেতা ?
নিচিনিলো মই ,  প্ৰভু তুমি কোন হয় ?

ৰিণ্টু টায়ে


পৃষ্ঠা ২২
নীলকণ্ঠ

(এক)

তেওঁৰ কৰ্ণকুহৰত সিদিনা ওখকৈ বাজিছিল
বিদ্যুতজ্বলা শ্ৰাৱণৰ মেঘ ,
দোভাগৰ জোনাকী পক্ষীৰ
খিলখিল জাকৰুৱা হাঁহি 
আৰু বজ্ৰবীণাৰ কুকিল স্বৰলিপি ।

(দুই)

তেওঁ বিশাৰদ আছিল
গীত , নৃত্য হয়তো বাদ্যৰ ।

(তিনি)

(ক'বলৈ ভয় লাগে)
তেওঁ হৰ নাছিল ,
আছিল পুৰাতন প্ৰেমিক কামদেৱ
নহ'লেনো সতী কিয় ?

স্বপ্নম জ্যোতি কলিতা
ফোন : ৬০০১৬০৯৩৫৯


পৃষ্ঠা ২৩
সেন্দুৰ

শুকুলা পথৰ পুৱাৰ সূৰুয 
পোহৰৰ মিঠা হাঁহি  
সন্মান আৰু মৰ্যাদাত থাকা ফুলি ।
যদিও সুলভ 
থাকা তুঙ্গত উঠি  
ধৰ্ম বিশ্বাসৰ সোণাৰুবুলীয়া
মন্দিৰৰ শোভা
পূজাৰ নৈবেদ্য তুমি 
বিশ্বাসত পুৰুষৰ আয়ুস ৰেখা 
বিবাহিতাৰ চিহ্ন, ফুলশয্যাৰ সাক্ষী  
এজোপা গোলাপৰ দুটি কলি ,
নহয় তুমি নগন্য , 
নাৰীৰ শৃঙ্গাৰ,
প্রেমৰ সংজ্ঞাৰে পৰিচিত 
পবিত্ৰতাৰ প্রতীক ,
শুকুলা পথত 
জিলিকি থাকা শিৰৰ মুকুট হৈ 
কপালৰ সৌন্দৰ্য   
নাৰীৰ মান 
জিলিকি উঠা ভোটাতৰাৰ জিলিকনিৰে 
দিনৰ সূৰুজ
আৰু ৰাতিৰ জোন হৈ ।

জোনা বৰঠাকুৰ


পৃষ্ঠা ২৪
ধুলিয়ৰী আবেলি

ধুলিয়ৰী আবেলিটো চুমি
মেটমৰা ভাবনাবোৰ ওলমি থাকে 
হয় ! ইয়াতেই সেই পথাৰখন 
সেই গছ জুপিও ইয়াতেই আছিল 
তাইৰ বুকুত প্ৰতিবিম্বিত হৈছিল আবেলিটো
এতিয়া আকাশ ধিয়াই কংক্ৰিটৰ  অৰণ্যত
হেৰাই যোৱা 
হালুৱাৰ মুখৰ হাঁহিটো 
আৰু ভাদ মাহৰ খলকনিবোৰ
বিচাৰি হাহাকাৰ এখন হৃদয়ৰ 
আঘোন আৰু পুহত
সোণেৰে নভৰে চোতাল
ম'ৰাৰ চালিত নাই আগ্ৰহ 
ডাৱৰক আদৰাৰ
গগণ জুৰি কিঙ্কৰ 
মেছিনৰ ঘৰঘৰণিত নিঃশব্দে নিশা নামে
তাচ্ছিল্য কৰি জোনটো লুকাই থাকে 
ধুলিয়ৰী আবেলিটোৰ সমাধি হয়
এক অতৃপ্ত বাসনাৰে 
জীৱন হেৰাই যায় ক্ৰমশঃ ...
 
অনুপম ভাৰ্গৱ
নগাওঁ, ফোন ৭০০২৭৩৫২৪০


পৃষ্ঠা ২৫

টাং শ্লিপ

ভাৱি থমকি ৰলো তাইৰ কথা 
তোমাৰ আগত কওঁ বুলি।
এতিয়া তুমিয়েই যে তাইজনী হৈ পৰিলা !

আকাশ দাস
নলবাৰী

পৃষ্ঠা ২৬

মা

মা তোৰ মনত আছে ন
তোৰ চাদৰৰ আচলত ধৰি যে
ম‌ই থমকি থমকি খোজ দিছিলো
আৰু ৰৈ ৰৈ মাতছিলো
অ' মা অ' মা বুলি!
 
সময়ৰ পৰশত যে
ম‌ই লাহে লাহে ডাঙৰ হৈ গৈছিলো
এজোপা বৃক্ষৰ দৰে অদূৰ আকাশক লক্ষ্য কৰি,
ভালপোৱাবোৰক বুকুত সজাই
ম‌ই যে দেখিছিলো সপোন এটি হাঁহি থকাৰ,
কৰিছিলো যে কল্পনা 
আকাশ চুই চোৱাৰ জোনাকত বহি বহি।

চোৱা মা, 
আজি ম‌ই আকাশ চুইছো
জোনাকৰ কথাবোৰ‌ও আজি সঁচা হৈছে
কিন্তু মা আজি ম‌ই হাঁহিব হে পৰা নাই
তোৰ অবিহনে....।

অপূৰ্ব শৰ্মা,
দৰং, যোগাযোগ নং-86382 72612


পৃষ্ঠা ২৭

সময়

এই যে সময়
      বতাহৰ সতে উৰা মাৰে,
          নদীৰ সোঁতত বৈ যায়,
              মৃত্যুৱে লৈ গুচি যায়
                  অনন্ত লৈ।
এখন্তেক সময়
দুদিনীয়া জীৱন নামেৰে।
ৰʼবলৈ সময় নাই নাই
যায় যদি যায়
কোৱাকে কৈ যায়
সময়ে উলটি নাচায়।

তথাপিও জীৱনে সময়কে সাবটি
    হাঁহিৰ জুনুকা পিন্ধি
       গাই বাই চায়।
এদিন দুদিন কৰি দিন যায় বাগৰি
জীৱনে মৰণৰহে আনে   
বাতৰি।

তেতিয়ালৈ হাঁহিবোৰ বাকচত মামৰে ধৰিব,
দুখবোৰক আলমাৰিত মকৰা জালে বেৰিব,
সেইদিনা মৃত্যু আহিব,
আৰু হাঁহি হাঁহি কʼব,
      "তোমাৰ হাতত আৰু সময় নাই নাই।"

সুমন প্ৰিয়া গগৈ
জাঁজী, শিৱসাগৰ
ফোন নম্বৰ:৮৮২২৩৯৪৪৯১


পৃষ্ঠা ২৮

অ’ ৰাংঢালী মনত আছেনে কথাবোৰ

অ’ ৰাংঢালী জাননে তই
এইবোৰ দিনতেই তোৰ 
প্ৰেমত পৰিছিলোঁ মই ৷

চকুৰ পলকতে তইনো কেতিয়া
গাভৰু হৈছিলি মই জনাই নাছিলো
তই হৈ পৰিছিলি সকলোৰে দুচকুৰ আমনি ৷

মনত আছেনে তোৰ
শৈশৱ আৰু কৈশোৰত সেইবোৰ দিনতে 
আমি একলগে বিহু গোৱা ?

নাহৰ, তগৰ, কপৌ ফুলা দিনত
আঁহতৰ তলত ঢোলৰ চেৱত নাচি বাগি তই
ঘামিজামি যে ভাগৰি পৰা নাছিলি

তোকো লৈ মই বিহু গীত ৰচিছিলো
কবিতা লিখিছিলো।
বিহুত লহৰি নচা, গীত গোৱা বিহুবলীয়া 
চেঙেলীয়া আছিলো মই

ৰাংঢালী অ’
বিহুৰ তলিত মূগাৰ সাঁজত তোক যে 
কিমান ধুনীয়া দেখিছিলো !

তোক চাই চাই আমনি লগা নাছিল ৷
আঁৰ চকুৰে বাৰে বাৰে চাইছিলো তোৰ দুচকুলৈ
তইয়ো চাইছিলি মোলৈ ৷

তই আছিলি আমাৰ বিহুতলীৰ 
সকলোতকৈ ধুনীয়া নাচনী
কিমান ল’ৰাক যে প্ৰেমত পেলাইছিলি !

তই আছিলি মোৰ প্ৰথম ভালপোৱা
বহু কথা পাতিছিলো তোৰ সৈতে
উদ্‌যাপন কৰিছিলো শৈশৱ-কৈশোৰ ।

তথাপি চোন তোক বহু কথা কোৱাই নহ’ল
যিবোৰ কথাই মোক আজিও আমনি কৰে
আজিও শুব নিদিয়ে ৷

অ’ ৰাংঢালী ভবাতো নাছিলো
হঠাৎ তই যে কাৰোবাৰ হৈ যাবি
মোৰ অবিহনেও তই আনৰ প্ৰেমত পৰিবি ৷

জাননে তোক হেৰুৱাৰ পিছত
বহাগৰ ৰংবোৰো মই হেৰুৱাই পেলাইলো
মাজনিশা কেতেকীজনীৰ সৈতে একেলগে  ৷

গোপাল কৃষ্ণ বাঢ়ৈ
টীয়ক, ফোনঃ ৮৬৩৮৩১৬০৭৩


পৃষ্ঠা ২৯

আহিবানে তুমি

আহিবানে তুমি যোৱা বাৰৰ দৰে এইবাৰো সৰস্বতী পূজাত
গুলপীয়া পাট কপোৰ যোৰ পিন্ধি ৷
কলডিলীয়া খোপাটি বান্ধি দুভৰিত ৰুণুজুনু  নূপুৰৰ ধ্বনি তুলি 
সোমাবানে মোৰ কলিজা সুৰুঙা পথটিক জিনি।
কৃষ্ণচূড়াৰ ৰাঙলী আভাবোৰে হাত বাউলি মাতিব তোমাৰ 
তেজৰঙা দুগালৰ সেন্দূৰীয়া বোৰক লেখি ৷
মোৰো দুনয়নে টিপ নমৰাকৈ তধা লাগি চাই ৰ’ব তোমাৰ লাহী 
কঁকালৰে ভাঁজত জিলিকি পৰা লালিত্যক দেখি।
লাৱণ্যময়ী অৱয়বে মিছিকিয়া হাঁহিটি ওলোমাই আহিবানে কাষ চাপি 
বিলাবানে সুবাস সুৰভি মোৰ বুকুত ?
হাস্যময়ী দুনয়নে কবাহিনে দুটি ওঁঠ কঁপাই দুহাতত দুহাত ৰাখি 
কবানে কলিজাৰ সপোনবোৰ মাথোঁ তোমাৰেই চকুত ??

পৰিস্মীতা গগৈ দত্ত
শিৱসাগৰ (বেতবাৰী)


পৃষ্ঠা ৩০

অভিমান

 'অভিমান কিমান যে আপদ এই  শব্দটো 
 কিয় যে আহি পৰে তোমাৰ আৰু মোৰ মাজত !
  কিয় বাৰু সকলো সলনি কৰি দিয়ে ?
 সঁচাই বৰ কষ্টকৰ জানানে তুমি ?                     
তোমাৰ ওঁঠত বিৰিঙি উঠা সেই সোণবৰণীয়া হাঁহিটোৱে , 
তুমি কোৱা সেই ধেমেলীয়া কথাবোৰে,
কত যে ৰং সানি থৈ যায় মোৰ বুকুত 
সপোন ভাহি উঠা তোমাৰ সেই  আকাশ নীলা চকুজুৰিয়ে
সঁচাই মোৰ মন আকাশলৈ কিমান যে সপোন কঢ়িয়াই আনে, 
জানানে বাৰু তুমি?
     
কিদৰে বুজাওঁ তোমাক ক'বলগা যে বহুতেই আছে 
কিমান যে ভালপাঁও তোমাক 
অপ্ৰত্যাশিত তোমাৰ সেই উত্তৰ শুনি নিৰাশ জানো হম
তোমাৰ উত্তৰে জুখিব জানো পাৰিব, মোৰপ্ৰেমঅনুভূতিৰ গভীৰতা 
অভিমানৰ নাঁওখননো আৰু কিমান দূৰলৈ মেলিবা
এতিয়াও যে বুজা নাই তুমি, 
কিদৰে আশাৰ সমাধিত  ৰৈ আছো তোমাৰ বাবে
আজিৰ এই অশ্ৰুসিক্ত মোৰ চকুজুৰিটো
তোমাৰেই প্ৰতিচ্ছবি
সঁচাই বাৰু জানানে তুমি ?

অনামিকা বৰা


পৃষ্ঠা ৩১
বৰণ

মানুহৰ আচৰণবোৰ 
ৰামধেণুৰ দৰেই ,
বহুৰঙী তুলিকাই সলাই 
জীৱনৰ বৰণ
য'তেই আধুনিকতা 
তাতেই যান্ত্ৰিকতা ,
ৰামধেনুৱে ৰহন সনাৰ 
আগতেই জুমি চাম 
তোমাৰ সেই উতনুৱা হৃদয়খন |
অগনন প্ৰশ্নৰ সম্পাদান 
কৰিবলৈ আহিবা এদিন 
তুমি হেঙুলৰ আবেলি হৈ | 
তোমাৰ সৈতে বহিম 
এটি বিশ্বাসৰ হেঙুলীয়া আবেলি... 

দৰ্শনা কলিতা
গোলাঘাট


পৃষ্ঠা ৩২

অনুভৱঃ

সহযাত্ৰী

পঢ়ি থকাৰ দিনৰ পৰা চাকৰি কৰালৈকে নিতৌ যোৰহাটলৈ অহা-যোৱা কৰে তাই। তেনেকৈয়ে নিদিষ্ট কেইখনমান বাছত চিনাকি হৈছিল  কেইগৰাকীমান নিয়মীয়া যাত্ৰীৰ লগত। কোনোবা উকিল, কোনাবা অফিচাৰ, হয়তো কোনোবা ইঞ্জিনিয়াৰ। কিন্তু বাছখনত তেওঁলোকৰ বয়স বা বৃত্তিক লৈ পৰিচয় নহয়, যেন এটা পৰিয়ালৰ সৈতে যাত্ৰা। এদিন হঠাতে তাই বাছ ষ্টেণ্ডত বাছৰ পৰা নামিবলৈ লওঁতেই এজন উদণ্ড চালকে অ'ট খন আনি ওচৰত ৰাখোঁতেই অ'টৰ এটা চকা তাইৰ ভৰিৰ ওপৰত উঠিল। লগেলগে হুলস্থুলীয় পৰিবেশৰ সৃষ্টি হ'ল।বাছখনৰ আন যাত্ৰী সকলো অ'ট চালকৰ প্ৰতি ক্ষোভিত হ'ল আৰু তাইক চিকিৎসকৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰিলে।
         বাছ খনৰ নিয়মীয়া যাত্ৰী এগৰাকী, পেছাত প্ৰৱক্তা, তেখেতেই বাছখনৰ পৰিচালক জনৰ লগত তাইক হাস্পতাল এখনলৈ লৈ গ'ল। তাই কৈছিল বাইদেউ আপুনি যাঁওক, কলেজৰ পাঞ্চিং মেচিনৰ ব্যৱস্থাত আপোনাৰ বাবে বিপদ হ'ব পাৰে। বাইদেউ গৰাকীয়ে হাঁহি মাৰি ক'লে, দেখা যাঁওক কি হয়। এতিয়া তোমাৰ চিকিৎসাতো আগতে হৈ লওঁক তাৰ পাছত হে মই কলেজলৈ যাম। বেণ্ডজ কৰি ঔষধ লোৱাৰ পাছত বাছ খনৰ পৰিচালক জনে ক'লে- "আজি তুমি ক্লাছ বাদ দিয়া, আমাৰ বাছখনতে ঘৰলৈ ঘুৰি ব'লা। যি ঘটনা হ'ল এতিয়া ফোন কৰি ঘৰলৈ নজনোৱাই ভাল হ'ব, চিন্তাহে বাঢ়িব। ঘৰত গৈ সকলো ক'বা আৰু আৰাম কৰিবা"। বাইদেউ কলেজলৈ গ'ল, পলম হ'ল । পৰিচালক জনৰো নিজৰ কাম পিছ পৰিল। তাইও সেইখন বাছতে ঘৰলৈ উভতি আহিল। বাকী চিনাকি কেইজনে ফোনত খবৰ লৈ থাকিল ভালদৰে সুস্থ নোহোৱালৈকে। ধন্যবাদ দিবলৈ ভাষা নাই...মাথোঁ এক অনুভব..."চিৰস্মৰণীয়, চিৰকৃতজ্ঞ "।।

প্ৰণামী দেৱী
তেলীযা সোণাৰী গাঁও
মিছামৰা, গোলাঘাট

পৃষ্ঠা ৩৩
মৰহা সপোন

পাহাৰৰ সিটো মূৰে আছে এটা জপুৰি। সেই জুপুৰিটোতেই তাইৰ জন্ম। এজনী কণমানি, পখিলা খেদা বয়স। তাই ভাল পাইছিল পাহাৰৰ সিটো মূৰে থকা নীলাবোৰৰ ছবি আঁকি। ভাল পাইছিল তাই নীলা বোৰ, তাই সপোন দেখিছিল এখন সঁচা পৃথিৱীৰ। তাই মনত পুহিছিল মানুহ হোৱাৰ সপোন। তাই দ্ৰৰিদ পৰিয়ালত জন্ম হৈছিল বাবে‌ মাকে আনি মানুহৰ এঘৰত দিছিল। ভাবিছিল তাই তাত থাকিয়েই পঢ়িব আৰু এদিন ছোৱালী জনী শিক্ষিত হ'ব। উৰুখা পঁজাটোলৈ আহিব সুখৰ কিৰণ।।
  কিন্তু, জীৱন চক্ৰৰ কি যে অবোধ্য গতি যাক পাৰ পোৱাটো সামান্য মনুষ্যৰ কল্পনাৰো অগোচৰ। তাইৰ ক্ষেত্ৰটো তাকেই হ'ল। তাইৰ জীৱনত ইমান আঘাত পালে যে  তাই হাঁহিবলৈ  পাহৰি গ'ল। হাঁহিটোৰ সলনি তাইৰ জীৱনলৈ আহিল বৰ্ষা। তাইৰ ওপৰত চলিল শাৰিৰীক আৰু মানসিক নিৰ্যাতন । শেষত অমানবীয়তাৰ বলি হৈ চিৰদিনলৈ গুচি গ'ল তাইৰ সপোন আৰু হাঁহিবোৰ এৰি থৈ। ৰৈ গ'ল মাথোঁ দূখৰীত স্মৃতিবোৰ সেই পঁজাটোত, পিতৃ-মাতৃৰ  ভগ্ন হৃদয়ত।

(চুমিলা ৰংহাংপিয়ে ন্যায় পাবনে ? আমাৰ সমাজত আৰু কিমানজনী এনেকৈ চুমিলাৰ জীৱন শেষ হ'ব। দোষীয়ে কঠোৰ শাস্তি পাওক। চুমিলাই ন্যায় পাওক। এইয়াই আমাৰ কামনা।)

প্ৰস্তুতি শৰ্মা 
গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত


পৃষ্ঠা ৩৪

হাইকুঃ

১/  পুখুৰীত পদুম
      আৰু ভেট ফুলিছে
      পানীত জোন ।

২/  আকাশত ধেমালি
      জোন বেলি তৰাৰ
      ধৰাত হাঁহি ।

৩/  অমাৱস্যাৰ ৰাতি
      ফেঁচাৰ মিউ মিউ
      জয়াল ধৰা ।

৪/  মায়াৱী জোনাকত
      মলয় সমীৰণ
      কবিৰ স্বপ্ন ।

৬/  আহিনৰ আবেলি
      অভিমানী সূৰুজ
      ৰঙা আকাশ ।

৬/  অশোকাষ্টমী স্নান
      পাপমুক্ত মানৱ
      পিতৃ-তৰ্পণ ।

মীনাক্ষি ৰায় ডাকুৱা, 
গোলকগঞ্জ, ধুবুৰী ।


পৃষ্ঠা ৩৫
ভ্ৰমন কাহিনীঃ
চেন্নাই

যোৱা সংখ্যাৰ পিছৰ পৰা

শৰ্মীষ্ঠা বৰ্মন, দিল্লী

        ২০১৭ চনৰ ডিচেম্বৰ মাহ ৷ 'উইণ্টাৰ ভেকেশ্বন' বুলি ল'ৰা-ছোৱালীহালৰ 'স্কুল' কেইদিনমানৰ বাবে বন্ধ হ'ব ৷ ইহঁতৰ পঢ়া-শুনাৰ চাপ দিনক দিনে বাঢ়ি গৈ আছে ৷ কিমান দিন বা মুকলি মনেৰে ফুৰিবলৈ পাওঁ ! সেয়েহে যিমান পাৰোঁ এতিয়াই ফুৰি লওঁ বুলি এইবাৰ এটি দীঘলীয়া ভ্রমণৰ পৰিকল্পনা কৰিলোঁ ৷
         সহযাত্রী হিচাপে এইবাৰ নির্বাচন কৰিলোঁ দুটা পক্ষ : মোৰ নিজৰ পিতৃ-মাতৃ তথা শহুৰৰ ঘৰৰ কেইগৰাকীমান মুখ্য সদস্য ৷ তেওঁলোক হ'ল মোৰ অবিবাহিতা ডাঙৰ মাহী শাহু , সৰু মাহী শাহু আৰু মহা শহুৰৰ লগত তেওঁলোকৰ ডাঙৰজনী জীয়ৰী , সৰু মামা শহুৰৰ একমাত্র জীয়ৰী গৰাকী ৷ লগতে আমি চাৰিজন সদস্য ৷ মুঠ সদস্য সংখ্যা এঘাৰ জন ৷ অৱশ্যে 'গোৱা' ভ্রমণৰ সদস্য সংখ্যাতকৈ কম ৷ এই দুইপক্ষক সহযাত্রীৰূপে নির্বাচন কৰা বাবে দুয়োপক্ষৰ সংহতিত আৰু সম্প্রীতি আৰু গাঢ় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস ৷ মোৰ শহুৰ দেউতাই ৰুগ্ন স্বাস্থ্যৰ বাবে পৰাপক্ষত ভ্রমণৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰে ৷ সেয়েহে তেওঁ আমাৰ এই যাত্রাত সহযোগিতা নকৰিলে ৷ 
         মাহী শাহুহঁত কলিকতাৰ পৰা ৰেলেৰে যিদিনা চেন্নাই গৈ পাব সিদিনাই আমিও বিমানেৰে গৈ পোৱাকৈ টিকট কৰিছিলোঁ ৷ সেই হিচাপে মা-দেউতাও কেইদিনমান আগতে অসমৰ পৰা দিল্লী আহি পাইছিল ৷ 
         ডিচেম্বৰ মাহৰ দিল্লীৰ হাড় কঁপোৱা জাৰৰ প্রকোপত ডাঠ ডাঠ গৰম কাপোৰ পিন্ধি আমি ঘৰৰ পৰা ওলাইছিলোঁ ৷ চেন্নাইত মাটিত নমাৰ লগে লগে এনে লাগিছিল যেন সেই গৰম কাপোৰবোৰ তৎক্ষণাৎ খুলি পেলাই দিওঁ ৷ চেন্নাইত বিশেষ ঠাণ্ডা নপৰে বুলি আমাক লগৰবোৰে আগৰেপৰাই সকীয়াই দিছিল যদিও গৰম কাপোৰ নোহোৱাকৈ  চলি যাব পাৰি বুলি ভবাই নাছিলোঁ ৷
          চেন্নাইত আমাৰ থকাৰ ব্যৱস্থা কৰা হৈছিল 'কালী কোভিল'ৰ 'গেষ্ট হাউচ'ত ৷ তামিল ভাষাত  'কোভিল' মানে মন্দিৰ ৷ আমাৰ চিনাকি তামিল পৰিয়ালে এটিয়ে 'কালী কোভাল'ৰ বিষয়ে বৰ গুণ-গান কৰিছিল আৰু আমাৰ ডাঙৰ দলটোৰ সতে তাতে থাকিবলৈ উপদেশ দিছিল ৷ তাৰ বাতাৱৰণ কেনে হ'ব সেই লৈ মনত সন্দেহ উপজিছিল যদিও যেনে তেনে দুৰাতি তাতে কটাম বুলি সিদ্ধান্ত লৈছিলোঁ ৷  'এয়াৰপোর্ট'ৰ পৰা 'কালী কোভিল'লৈ যোৱাৰ পথচোৱাত দেখা গছ-গছনি আৰু বাতাৱৰণৰ পৰা এনে লাগিল যেন এয়া অসমহে ! 
      'কালী কোভিল'ৰ 'গেষ্ট হাউচ' অতি সুন্দৰ , সুশৃংখল , পৱিত্র আৰু স্বচ্ছ দেখি আমি সকলো আপ্লুত হ'লোঁ ৷ গৈ পোৱাৰ লগে লগে আমাক চাহ-জলপাণ যাঁচিলে ৷ দুঘণ্টামান পাছত কলিকতাৰ পৰা অহা আমাৰ দ্বিতীয় সহযাত্রীৰ দলটোও আহি উপস্থিত হ'লহি ৷ তেওঁলোককো 'কালী কোভিল'ৰ তৰফৰ পৰা অতিথি আপ্যায়ণ কৰিলে ৷ আমি মুগ্ধ হ'লোঁ ৷ সেয়েহে আমাৰ দক্ষিণ ভাৰত যাত্রাৰ সামৰণিৰ শেষ নিশা আমি 'কালী কোভিল'তে কটাম বুলি ভাবিছিলোঁ যদিও সেয়া সম্ভৱ নহ'ব বুলি লগে লগেই আমাক জনাই দিয়া হৈছিল ৷ কাৰণ তাত হেনো বহু আগৰে পৰাই 'বুকিং' হৈ যায় ৷ তথাপিও কোনো কাৰণত 'বুকিং' বাতিল হ'লে আমাৰ জনাব বুলিও ক'লে ৷
গধূলি আমি আটায়ে চেন্নাই চহৰত 'টেক্মী'ৰে পাক এটা মাৰি Marina Beach ৰ ফালে ৰাওনা হ'লোঁ ৷ বাটতে
M H Chidambaram Stadium ( Chepauk Stadium ) দেখা পাই আমাৰ ল'ৰাটোয়ে 'ষ্টেডিয়াম'খন চাবলৈ ইচ্ছা প্রকাশ কৰিলে ৷ সেই বাবে 'টেক্সী ' ৰখাই দেউতাকে তাক 'ষ্টেডিয়াম'খন দেখুৱাই আনিবলৈ লৈ গ'ল যদিও ভিতৰত সোমাব নোৱাৰিলে ৷ কাৰণ তেতিয়া তাত কোনো ধৰণৰ কার্য্য কলাপ অথবা 'প্রগ্রাম' চলি থকা নাছিল ৷ সেয়েহে তেতিয়া প্রৱেশ নিষেধ আছিল ৷ 
         যি কি নহওঁক আমি এইবাৰ 'মেৰিনা ' Beach পালোঁ ৷ Beach ৰ আশে-পাশে দিল্লীত কেতিয়াও নেদেখা অসমৰ কিছুমান ফলমূল দেখি আচৰিত হ'লোঁ ৷ লগে লগে কিনি খালোঁ ৷ Beach লৈ গৈ দেখিলোঁ আনাৰস , কেঁচা আম চকলা-চকলকৈ কাটি নিমখ লগাই কলপাতত মেৰিয়াই বিক্রি কৰি আছিল ৷ টেঙা বস্তু দেখিলেই লোভ লাগে ৷ তাতে ডিচেম্বৰ মাহত কেঁচা আম দিল্লীত (অসমতো ) সহজতে পোৱা নাযায় ৷ কাচিৎহে দেখিবলৈ পোৱা গৈছিল আৰু দামো বেছি হয় ৷ অবতৰত ক'ৰ পৰা আহে বুলি ভাবিছিলোঁ ৷ এইবাৰহে বুজি পালোঁ , এনেকুৱা ঠাইৰ পৰাই নিশ্চয় আমদানী হয় ৷ আনাৰস আৰু কেঁচা আম কিনি খালোঁ ৷ অৱশ্যে বৰ টেঙা নাছিল ৷ খাই ভাল পালোঁ ৷
     Beach বুলিলে আমাৰ ল'ৰা-ছোৱালী হাল বলিয়া ৷ লগে লগে পানীত নামিলেই নহয় সিহঁত ! মই মোনাত সিহঁতৰ কাৰণে কাপোৰ লৈ গৈছিলোঁ বুলি বাধা নিদিলোঁ ৷ আপোন মনে সাগৰৰ পানীত খেলিবলৈ দিলোঁ ৷ ঢৌবোৰ দেখি সিহঁতে আনন্দতে কিৰীলি পাৰিছিল ৷ শুনি ভাল লাগিছিল ৷ সিহঁতে সাগৰৰ পাৰৰ বালি এঠাইত গোটাই লৈ সাধ্য অনুসৰি ওখ ওখ ঢাপ সাজিলে ৷ হঠাতে আহি যোৱা ঢৌবোৰে সেইবোৰ নিমিষতে উটুৱাই চিন-চাব নোহোৱা কৰি থৈ যায় ৷ পুনৰ সিহঁতে একে খেলকে খেলে ৷ খাওঁ খাওঁ কৈ অহা হিংস্র ঢৌবোৰ দেখি কেতিয়াবা বৰ ভয়ো লাগে ৷ সেয়েহে মই সিহঁতৰ নিচেই কাষতে আছিলোঁ ৷ 
          ল'ৰা-ছোৱালীহালৰ লগতে আমি ডাঙৰ খিনিও আঁঠুলৈকে ভালদৰে তিতিলোঁ ৷ সকলোৱে লগ হৈ বালিচ'ৰত বহি নিৰন্তৰ এটাৰ পিছত এটাকৈ আহি থকা ঢৌবোৰ চাই আপোন বিভোৰ হ'লোঁ ৷ কেতিয়াবা কেতিয়াবা ঢৌবোৰ ইমানেই আগবাঢ়ি আহে যে অস্থায়ীভাৱে পতা বজাৰৰ বস্তু লৈ দোকানীবোৰ দৌৰি আহে ৷ নহ'লে সাগৰৰ পানীয়ে সকলো বস্তু তিয়াই পেলাব ৷ এনে অস্থায়ীত্বৰ মাজতে কিমান জনে বংশানুক্রমে পৰিয়ালৰ পোহ-পাল দি ঘৰ চলাই আছে ! তেওঁলোকৰ বহুতে হেনো নিজ চকুৰে সাগৰৰ পানীয়ে মানুহক গ্রাস কৰাও দেখিছে ! তথাপিও সাগৰৰ পাৰত কিয় জীৱন নির্বাহ কৰি আছে বুলি প্রশ্ন কৰোঁতে উত্তৰ দিছিল যে সাগৰেই হেনো তেওঁলোকৰ অন্নদাতা ৷ গতিকে অন্নদাতা ঈশ্বৰৰ সম্পূর্ণ অধিকাৰ আছে সময়ে সময়ে তেওঁ খঙত অগ্নিশর্মা হৈ মানুহক জগতৰ চিৰন্তন নিয়মৰ কথা সোঁৱৰাই দিয়াৰ ৷
        এন্ধাৰ নামি অহা বহু পৰ হ'ল ৷ Beach খন এৰি যাবলৈ আমাৰ কাৰো ইচ্ছা নাছিল ৷ কিন্তু পিছদিনা পুৱতি নিশাতে আমাৰ 'তিৰুপতি' যোৱাৰ কার্য্যক্রম পূর্বনির্ধাৰিত হৈ আছিল ৷ সেয়েহে ইচ্ছা নহ'লেও আমি  Marina Beach ৰ পৰা ওলাই আহিলোঁ ৷
          'কালী কোভিল'ত আমাৰ ৰাতিৰ আহাৰৰ যোগাৰ কৰি থোৱা আছিল ৷ হাত-ভৰি ধুই আমি খাবলৈ গ'লোঁ ৷ আমাক ঘৰৰ আলহীৰ দৰে বহোৱাই বৰ আগ্রহেৰে আপ্যায়ণ কৰিলে ৷ ৰান্ধনীগৰাকী উৰিষ্যাৰ এগৰাকী পুৰুষ আছিল ৷ সলসলীয়াকৈ বঙালী ভাষা ক'ব পাৰিছিল , লগতে তামিল ভাষাও সুন্দৰকৈ কৈছিল ৷ আমাৰ সতে বঙালীতে কথা পাতিছিল ৷ বৰ সহজ-সৰল , অতিথিপৰায়ণ আৰু স্বচ্ছতা প্রিয় ব্যক্তি যেন অনুভৱ হ'ল ৷ খাই উঠি তেওঁৰ প্রতি কৃতজ্ঞতা ব্যক্ত কৰি আমি নিজৰ নিজৰ কোঠালৈ গুছি আহিলোঁ ৷

আগলৈ...


পৃষ্ঠা ৩৬

নীলাখামৰ চিঠি ঃ


নীলিময় , 

                    এই যে পলাই ফুৰিছো নিজৰ পৰা , তাৰপাচতো জানো ; কি ফুল ফুলিলে গোটেইখন আমোল-মোলায় ৷ কিদৰে কওঁ তুমি মোৰ সপোনৰ মানুহ ৷ কিদৰে কওঁ তোমাৰ অৱৰ্তমানত উৰুঙা এই পদূলি ৷ জানা হয়তো চাই ৰওঁ প্ৰতিদিন তুমি অহাৰ বাটলৈ ৷ তোমাৰ স'তে ধোঁৱা বলি থকা এপিয়লা চাহ আৰু কেইটামান মিনিটৰ আলাপ তাৰ মাজতে যে এপৃথিৱী সুখ ৷ 
নিৰ্লিপ্ততাৰো থাকে নিজা অৰ্থ ; তুমি জানা ৷ তুমি জানা সাগৰ হ’লে সহিব লাগে অজস্ৰ ঢৌৰ উন্মাদনা ৷ তাৰপাচতো মই কওঁ নীলা মোৰ প্ৰিয় ৰং ৷ তাৰপাচতো কওঁ ভালপাওঁ মই জীৱনৰ জটিল জ্যামিতি ৷

প্ৰিয় মোৰ !
দুপৰ ৰাতি চকুৰ মণিত কিলৈ ওমলিছা ! কিলৈ হৰিছা দুচকুৰ নিদ্ৰা ৷ তুমি আৰু মই দুডাল জ্যামিতিক সৰল ৰেখা ৷ সমান্তৰাল ৷ এনে কোনো বিন্দু নাই য’ত ৰৈ মই বাট চাব পাৰো তোমালৈ ৷ বা তুমি মোলৈ । তোমাৰ চকুত কি তৰা জ্বলে মোক কেলেই ! নালাগে জানিব তুমিও তোমাৰ হাঁহিত মোৰ চকুতেই বা উজলে কি ! মই জানো মই নহ’লে তুমি উচুপি উঠিবা ৷ তুমিও জানা তুমিবিহীন মোৰ বুকুতো বাজিব বিষাদৰ বাঁহী ৷ তাৰপাচতো আমি খুলি-ভাঙি কৈ দিব নোৱাৰো বসন্ত বাজিলে কেনেকুৱা লাগে বুকু ৷ 
ভালপোৱা এটা চিৰনতুন গান ৷ সময়ে বান্ধিব নোৱাৰে এই গীতৰ কথা ৷ বয়সে বিসৰ্জাব নোৱাৰে ভাষা ৷  ভালপোৱাই শূন্য বুকুতো গজাই তোলে সেউজীয়া ৷ সেউজীয়াত জীৱন আছে ৷ আৰু জীৱনৰ সুহুৰিত কবিতা ৷ কবিতাৰ আখৰত তোমাৰে মোৰে ভালপোৱা ৷ ভালে থাকা মোৰ প্ৰিয় মানুহ ৷ ভালে থাকক পৃথিৱী আমাৰ ৷

স্নেহ আৰু ভালপোৱাৰে , 
 তোমাৰ “ঋদ্ধি”

ঋদ্ধি কাশ্যপ  
আমগুৰি


পৃষ্ঠা ৩৭

গল্পঃ

এটা নীলা ছাতি

আদৃতা শিৱম
শিৱসাগৰ

ফুল এপাহ ফুলে ৷ ফুলি উঠা ফুলপাহ তাই যতনেৰে ৰাখে ৷ ফুল ফুলাৰ কোনো নিৰ্দিষ্ট ঋতু নাথাকে ৷ নাথাকে একো নিয়ম ৷ তাই জানে ৷ সিও জানে ৷ আবতৰীয়া বৰষুণ এজাকে নীলা ছাতি লোৱা ল’ৰা-ছোৱালীহালক তিয়াব খোজে ৷ দুয়ো একেলগে খোজ কাঢ়ে ৷ কথা পাতে ৷ তাই কেতিয়াবা কাহিনীৰ কথক হয় ৷ সি নীৰৱে শুনে ৷ তাইৰ কাহিনীৰ নায়ক-নায়িকাৰ বিচ্ছেদৰ দুখত তাৰ হিয়া পমে ৷ সিহঁতৰ এই টুকুৰা টুকুৰ কথাবোৰত জীৱন থাকে ৷ থাকে হাঁহি ৷ কেতিয়াবা অলপ ৰহস্য অথবা কৌতুক ৷ 
নীলা ৰঙটো তাৰ প্ৰিয় ৷ কিয় সি নাজানে ৷ যিদৰে সি নাজানে তাইৰ মাতষাৰে তাক কিয় দুৰ্বল কৰে ৷ তাই আকাশ ভালপায় ৷ সি নীলাৰ কথা কওঁতে তাই কৈছিল ;
: নীলা আকাশৰ ৰং ৷ নীলা সাগৰৰো ৰং ৷
সি ঘপ্‌কৈ কৈ দিছিল
: নীলা মোৰ কলিজাৰো ৰং ৷
তাই তালৈ চাইছিল ৷ চকু দুটাত দুষ্টালি ৷ তাই তাক জোকাব খুজিছিল পুৰণি হৈ যোৱা যৌৱনৰ দিন এটাৰ স্মৃতিৰে ৷ এই অকমানি চকুহালৰ এনেকুৱা দুষ্টালি সি আনকালে দেখা নাই ৷ এইযোৰ চকু আচলতে তাৰ বাদে কোনেও দেখা নাই ৷ তাক জোকাব পৰাকৈ তাইক প্ৰশ্ৰয় দিছিল সি ৷ তাৰ চকুত তাই তৰাফুল ফুলে বুলি কওঁতে , তালৈ কথাই কথাই তৰাচকুৰ স্মাইলি পঠাওঁতে তাইৰ বুকুত ঢৌ খেলি আছিল ভালপোৱা ৷ সি উমান নোপোৱাকৈ থকা নাছিল ৷ তাক ভালপাবলৈ তাইক অনুমতি লগা নাছিল ৷ 

এদিন সি কৈছিল 
: নক’বাচোন বিষাদৰ কথাবোৰ ৷
তাই চকুত বিষাদ লৈয়ে সুধিছিল
: বিষাদৰ কাহিনী বেয়া নেকি !
: ওঁহো , বিষাদ বুলিলে বুকুৰ এচুকত 
বিষ এটা বাঢ়ে ৷
: অহ্‌ ৷
তাই সেইদিন ধৰি কাহিনীৰ কথকতাত সুখৰ ৰং বোলাই দিছিল ৷ তাৰবাবে ৷ তাৰবাবে তাই নিজক সলাই লৈছিল ৷ সলাই লৈছিল প্ৰিয় ৰং ৷ সি ভালপোৱা ৰঙৰ পোচাকবোৰ তাইৰ ভাল লগা হৈ অহাটো তাই গোপন আনন্দ পাইছিল ৷ গম নোপোৱাকৈয়ে তাই আকাশৰঙী সাজ এযোৰ বিচাৰি চলাথ কৰিছিল অন্‌লাইন শ্বপিঙৰ বিপনী ৷ তাইৰ প্ৰিয় গোলাপী ৰঙবোৰ কেতিয়া নীলা হৈ পৰিছিল তাই উমান পোৱা নাছিল ৷ গতানুগতিক দিনবোৰ সিহঁত দুটাৰ বাবে এদিনো অৰ্থময় নাছিল কিন্তু দুয়ো যেতিয়াই কথা পাতিছিল দুয়ো যেন কিবা এটা বিশেষ অৰ্থ বিচাৰি পাইছিল ৷ যি অৰ্থ কেৱল সিহঁত দুয়ো বুজিছিল ৷ কাকো কোনেও একো নোকোৱাকৈ দিনে দিনে দুয়ো এই নতুন অৰ্থবোৰ বিচৰি আছিল ৷ অৰ্থ সন্ধানৰ মাজত জীৱন চাহপতীয়া হৈছিল ৷ চিঙি লৈ টুকুৰিত ভৰাই নথ’লে চাহপাতৰ কোনো অৰ্থ নাই ৷ সিহঁতৰ ভাললগাবোৰ থেতেলিয়াই ৰ’দত শুকুৱাই টুকুৰা কৰি দুয়ো কেতিয়া কেনেকৈ “গ্ৰীণ-টি”ৰ বৈয়ামত ভৰাইছিল ইজনে সিজনক কোৱা নাছিল ৷ কোৱাৰ কথাও নাছিল ৷ নিজৰ নিজৰ জীৱনত দুয়ো সুখী আছিল ৷ কোনেও প্ৰশ্ন তুলিব নোৱৰাকৈ সুখী ৷ 

তাৰ সতে তাই সৰু সৰু কথাতে  অভিমান কৰিবলৈ শিকিছিল ৷ সহজভাৱেই তাক শাসন কৰাৰ অধিকাৰো দি দিছিল সি তাইক ৷ তাইৰ কথা নুশুনাৰ ভাও ধৰি গালি খোৱা সৰু ল’ৰা এটা হ’বলৈ মন গৈছিল তাৰ ৷ সি দিয়া সৰু সৰু কৈফিয়ৎবোৰ গহীন হৈ শুনি ভিতৰি উপভোগ কৰিব জনা হৈ গৈছিল তায়ো ৷ তথাপিও এদিন নেদেখিলেই হাহাকাৰ কৰি উঠা বুকুৰে তাই লিখা নাছিল তালৈ ; “তুমি যেন কোনোবা দূৰণিত !গোটেইখন কিবা উৰুঙা উৰুঙা ৷” তাৰ হাঁহিটো মিচ কৰিছিল তাই ৷ এই হাঁহিটোত যাদু আছে ৷ তাইক সন্মোহন কৰি ৰাখিব পৰাৰ যাদু ৷ বুজি উঠিছিল তাই ৷ বুজোতে বহুত দেৰী হৈ গৈছিল ৷ তালৈ ভালপোৱাবোৰ বুকুৰ ভিতৰলৈকে পোখাইছিল ৷ তাই পলাইছিল ৷ নিজৰ পৰা ৷ তাৰ পৰা ৷ সকলোৰে পৰা ৷

তাইৰ অন্তৰাত্মাই কৈছিল , 
: এইজাক বৰষুণত নিতিতিবা ৷
: বৰষুণে তিয়াব খোজেচোন !
নিজৰ লগত কথা পাতি তাই বৰ ভাবুক হৈ পৰিছিল ৷ 
: কষ্ট পাবা ৷ উভতি আহাঁ আৰু ৰ’দৰ বাট বিচাৰা।
: কেনি গ’লে পায় ৰ’দ !
ইমান আন্ধাৰ চৌপাশে !
বুদ্ধৰ আশ্ৰয় বিচাৰিছিল তাই ৷ 
: আন্ধাৰৰ শেষত পোহৰ আছে ৷ নাভাগৰিবা ৷
প্ৰত্যেক মানুহৰে জীৱনত নিজা কিছু সপোন আছে ৷ সেই সপোন সাকাৰ কৰিবলৈ গৈ তাই আন কাৰোবাৰ দুখৰ কাৰণ হ’ব নোৱাৰে ৷ কাৰো চকুতেই তাই চাব নোৱাৰে চকুপানী ৷ তাৰ চকুতো , তেওঁৰ চকুতো ৷ শেষ হ’ব নলগীয়া কথাবোৰো এদিন শেষ হ’বলৈ গৈ থাকে ৷ একেলগে যাব খোজা বাটবোৰো ভাগ কৰি লোৱাৰ সময় আহে ৷ ছাতিটোৰ আৱৰণখন দুয়োৰে বাবে নোজোৰে ৷ বৰষুণৰ চিটিকনিত তাইৰ কলিজাখন তিতে ৷ তাক নিতিওৱাকৈ ৰাখিব বিচাৰি তাই তিতি উঠে ৷ শেষত ; ছাতিটো তাই তাকেই দি দিয়াৰ কথা ভাবে ৷ তাই তিতিব ৷ এইজাক বৰষুণত তাই জুৰুলি জুপুৰিকৈ তিতিব ৷ অকলে ৷ দুখৰ বৰষুণত মানুহ অকলেই তিতে ৷ ফুলি থকা ফুলপাহক তাই আওকান কৰে ৷
: কি হ’ল ইমান দুখত থকা যেন লাগিছে তোমাক।
সি সুধিছিল ৷ উত্তৰ নিদিয়াকৈ গুচি যাব খুজিছিল তাই ৷ সি এইবাৰ জোকাইছিল তাইক ;
: বিষণ্ণতাৰ হালধীয়াই দুচকুত উমলি আছে বুলি কওঁতেই ইমান অভিমান ! 
তাই নিৰ্লিপ্ত খোজেৰে খোজ থৈছিল ঘৰমুখী বাটত ৷ তাইৰ দুকোঠলীয়া ঘৰটোত তাইৰ জীৱনৰ সমস্ত প্ৰাৰ্থনা আছে ৷ সেয়া তাই উপেক্ষা কৰিব নোৱাৰে ৷ অভিমানৰ জংচনত এখন্তেক নৰ’লে যাত্ৰাৰ আমেজ ক’ত ! সি জানে ৷ তাইৰ অভিমানী চকুত সপোন এটা হ’বলৈ তাৰো বৰ মন যায় ৷ কিন্তু ! এই কিন্তুটো অতিক্ৰম কৰি পাৰিনে তাইৰ আঙুলিত আঙুলি থ’ব !! সি নিজকে সোধে ,
: আমি ক’লৈ গৈ আছো ?
: হয়তো এয়া এক অনিশ্চিত যাত্ৰা ৷ 
নিজক দিয়া উত্তৰটো নেতিবাচক হ’লেও চকলেট এপেকেটত মৰম সানি সি টুকুৰিয়াগৈ তাইৰ দুৱাৰ ৷ মৰমলগা অকমানি এটাই মাকৰ সৈতে দুৱাৰ মুখত ভুমুকিয়ায় ৷ 
: দ্বীপ মামা , বহুত বেয়া পাইছো তোমাক ৷ বহুত দিন তুমি আমাৰ ঘৰলৈ অহা নাই ৷ 
ফুলা লুচিৰ দৰে গাল দুখনত চুই মৰম কৰি কোলাত তুলি লয় সি তাক ৷ চকলেটত কামোৰ মাৰি অকমানি নিজৰ পৃথিৱীত মগন হয় ৷ সি পোনপটীয়াকৈ সোধে তাইক ,
: মোক ভালপোৱা ?
তাইৰ খং উঠে ৷ কয় ;
: এইটো এটা অবান্তৰ প্ৰশ্ন ৷
সি যিমান পাৰি কোমল মাত এটাৰে কয় , 
: তেনেহ’লে নোসোধো আজিৰ পৰা ৷ আচ্চা ! ভালপোৱা মানে কি তোমাৰ মতে ?
: এটা টেঙা বগৰী ৷
তাই বিৰক্তিৰে কয় ৷
: কি যে কোৱা ! মই কওঁ শুনা ; ভালপোৱা মানে কাৰোবাক বুকুত লৈ ফুৰা ৷
তাই ক্ষিপ্ৰতাৰে কৈ উঠে ,
: নহয় ৷ ভালপোৱা মানে কাৰোবাক আঁতৰাই থ’ব নোৱৰাৰ যন্ত্ৰণা ৷
: আঁতৰাবনো লাগে কেলৈ ?
তাই নিমাতে থাকে ৷ ঘৰখনৰ মানুহবোৰে নিবিচৰাকৈ তাই কেৱল তাৰ বাবে গুচি যাব নোৱাৰে ৷ সি হাজাৰবাৰ ক’লেও নোৱাৰে ৷

“ভালপোৱা মানে এযোৰ তিৰ্‌বিৰ্‌ চকু ৷ ভালপোৱা মানে এটা হাঁহি ৷ ভালপোৱা মানে এটি অভিমানৰ চাৱনি ৷ ভালপোৱা মানে বুকুত উঠা এটি মিঠা ঢৌ ৷ তুমিময় ভাৱনাবোৰত ভালপোৱা । তুমিময় সময়বোৰত ভালপোৱা । তুমিময় কথাবোৰত ভালপোৱা। য’তেই ভালপোৱা ত’তেই তুমি । য’তেই তুমি ত’তেই ভালপোৱা . . . ৷” 
কেৱল তাই দেখাকৈ সি লিখি থয় ভালপোৱাৰ স্টেটাচ ৷ পঢ়িবলৈ তাইৰ আহৰি নহয় ৷ কণমানি ৰং আৰু তাইৰ সৰু পৃথিৱীখনলৈ তাই কাকো আদৰি অনাৰ কথা নাভাবে ৷ দৰমহাৰ টকাৰে সুন্দৰকৈ চলাই নিব পৰা সংসাৰখনত কাৰোবাৰ চাপৰ্টৰ প্ৰয়োজন বুলি তাই নাভাবে ৷  সিহে ভাবে নিসংগ চৰাইজনীক সংগ দিয়াৰ কথা ৷ তাই নামানে ৷ তাই তাৰ একো কথাই নামানে ৷ মনাবলৈ এদিন তেওঁ আহে ৷ মাখনৰঙী পাটৰ সাজেৰে শুৱনি মানুহগৰাকীয়ে তাইৰ কপালত এটা চুমা যাচে ৷ ওৰে ৰাতি অনন্যৰ ফটোখন বুকুত সাৱতি তাই উচুপি উচুপি কান্দে ৷ বহু ৰাতি দ্বীপমাল্য আৰু তাইৰ মাজত গঢ়ি উঠা নামবিহীন সম্বন্ধটোক লৈ নিজৰ সৈতে চলি থকা যুদ্ধখন , চম্ভালিব নোৱৰা আবেগবোৰ , ৰঙৰ ভৱিষ্যতৰ প্ৰশ্নটো মাকজনীয়ে মমতাৰ দুহাতেৰে সামৰি ধৰে ৷ অনন্য হেৰাই যোৱাৰ পিচতো মাহেকে-পষেকে তাইৰ খবৰ কৰি থকা তাৰ পৰিয়ালৰ মানুহবোৰৰ সুখী মুখবোৰ উজ্বলি উঠে ৷ তাই এৰি দিয়া ছাতিটো সি ফুলপাহৰ ওপৰত সযতনে মেলি ধৰে ৷ নীলা ছাতিটোৰ তলত ফুলপাহ নিৰাপদে থাকে ৷ 

বি.দ্ৰ :  নিৰাপদে থাকক ভালপোৱা মানুহৰ সহৃদয় বুকুত ৷ চিন্তাৰ স্বাধীনতাত ৷ অমলিন আন্তৰিকতাত ৷ দেউতাকৰ ফটোখনত মাৰ্কাৰ কলম এটাৰে ৰঙে আঁকি দিয়া দ্বীপমাল্যৰ গালৰ পাতল দাড়িকোচা শৈশৱৰ সাধুকথা হৈ থাকক ৷ দ্বিতীয় শ্ৰেণীত পঢ়া ৰঙক অনন্যৰ মাকে তাৰ দেউতাকৰ অনন্য নামটোৰ কাষতে দ্বীপমাল্য বুলি লিখিবলৈ শিকাই থকা কথাটো একবিংশ শতিকাৰ মানুহৰ বাবে ফেণ্টাচি নহওক ৷


পৃষ্ঠা ৩৮
 
তুমি মোৰ হৃদয়তে আছা

পৰীস্মিতা গগৈ দত্ত
শিৱসাগৰ (বেতবাৰী)

প্লাৱিতাৰ মনত ভাৱৰ বুৰবুৰণি বোৰে আকৌ নতুনকৈ উকমুকাবলৈ ধৰিলে ৷ তাইৰ ধুনীয়া মৰম লগা লাৱণ্যময়ী অৱয়বটো দেখি মোহিত হৈছিল ধনী আঢ্যৱন্ত ঘৰৰ একমাত্ৰ সন্তান দিপু ৷ সি সোৱণশিৰী গাওঁত থকা মোমায়েকৰ ঘৰলৈ আহোঁতে লগ পাইছিল প্লাৱিতাই ৷ চকুত চকু পৰি মিলন হৈছিল চাৰি চকু, আহঃদুচকুত যেন নীলাঞ্জনাই আৱিৰ হে সানিছে  ৷ কিচকিচিয়া ক’লা ঘন চুলিটাৰীৰে বতাহত ঢৌহে খেলিছে, হংসগামিনী খোজত যেন পদ্মহে ফুলিছে ৷ খৰিকাজাঁই সুগন্ধিৰে দেহত সুভাস বিয়পাইছে ৷ সিও হাবুডুবু কৰিছে তাইৰ উতলা যৌৱনৰ সুকোমল প্ৰেমত ৷
গভীৰতাৰে সোমাই পৰিল দুয়োটা একাত্মবোধে প্ৰেমৰ মায়াৰ নগৰীত, প্ৰতিশ্ৰুতি দিলে ইটোৱে,
সিটোক এৰি নোযোৱা ৷ কিন্তু সকলোবোৰ আছিল এক মিছা পৰিকল্পনাহে ৷ আজি বহুবছৰ পাছত দিপুক আকৌ লগ পাই তাইৰ কেঁচা ঘা টুকুৰাত নিমখহে যেন পৰিল, চেকচেকনি কোবত থাকিব পৰা নাই তাইৰ অশান্ত মনটোৰে সৈতে ৷ দিপুৰ ভালপোৱা বোৰে তাইৰ বুকুতে গোপনে কাৰেংঘৰ সাজিছিল ৷ ভবাই নাছিল সেই কাৰেংঘৰটি কেৱল বালিৰেহে সাজিছিল, যাক উটুৱাই লৈ গৈছিল নদীৰ কোবাল সোঁতে ৷
    টকাৰ গৌৰৱত অহংকাৰী দিপুৰ দেউতাকে নিদিলে সিহঁতৰ সঁচা প্ৰেমক পূৰ্ণতা পাবলৈ ৷ দুখীয়া দেউতাকৰ ছোৱালী প্লাৱিতাক তাচ্ছিল্য কৰি কৈছিল ,কুট মগনিয়া ঘৰৰ খাবলৈ নোপোৱা জাতৰ ছোৱালী মোৰ ঘৰৰ বোৱাৰী হোৱা আঁশা ৷
তাইৰ কুমলীয়া মনটোৱে হাহাকাৰ কৰি উঠিল দেউতাকক ধৰি কোৱা কথাবোৰত ৷ কান্দি উঠিছিল তাই সঁচা হৃদয়ে ভালপোৱাক ধন সম্পত্তিৰে জুখিব নোখোজা মনটোৱে ৷ দিপুক এটা পচণ্ড চৰ গালত সুধাই টানি লৈ গৈছিল প্লাৱিতাৰ কাষৰ পৰা ৷ উচুপি উচুপি কান্দি বহি পৰিছিল নৈ যুঁৱলিত থকা শিল চপৰাত ৷ তাৰো যে ক’বলৈ সাহস নহ'ল একোকে টকাৰ সম্পত্তিক লৈ ডাংকোপ মৰা অহংকাৰী দেউতাকৰ আগত ৷
      লাহে লাহে সন্ধ্যা নামি আহিল ধৰাৰ বুকুলৈ তাই গমেই পোৱা নাছিল ৷ দেউতাকে বিচাৰি বিচাৰি নৈ পাৰত পাইছিলহি ৷ দেউতাকৰ মাতত জুপুকা মাৰি বহি থকা তাইৰ দেওলগা জীৱনটোৱে চক খাই উঠিল ৷ দেউতাকে মৰমেৰে মূৰত হাত বোলাই, পানী নিবলৈ অনা কলহটো হাতত লৈ তাইক পাৰলৈ তুলি আনিলে ৷ মদগৰ্বী দিপুৰ দেউতাকে যে সিহঁতৰ ঘৰত গৈ অপমান কৰি আহিল সেই কথা দেউতাকে তাইৰ আগত কোৱা নাছিল ৷ ঘৰ সোমোৱা লগে লগে জ্বলা জুইত ঘিঁউ পৰা দৰে মাকে জকজকাই তাইক চৰিয়াবলৈ ধৰিলে ৷ 

    পানী আনিবলৈ গৈ এইবোৰহে কৰগৈ ন 
কুলক্ষণী ৷ ধনী ঘৰৰ বোৱাৰী হোৱাৰ হেঁপাহ,
খাবলৈ নাপাৱ সময়মতে ছাল ছিঙা ভিকহু জাতৰ ছোৱালীয়ে ধনী ল’ৰাক ফচাই প্ৰেম পাগল হ’বলৈ গলি ৷ জীয়েকক সাৱটি ধৰিয়েই হুৰাহুৰে কান্দিবলৈ ধৰিলে ৷

      তাই আৰু বুজিবলৈ বাকী নাথাকিল একো ৷ দৌৰ মাৰি নিজৰ ৰূমলৈ সোমাই দেউতাকে সাঁজি দিয়া বাঁহৰ বিচনাখনত পৰি হুকহুকাই কান্দিবলৈ ধৰিলে ৷ মাকৰ খংবোৰক বাধা দিব নোৱাৰি দুচকুৰে বৈ অহা চকুৰ পানী টুপি মোহাৰি প্লাৱিতাৰ ওচৰলৈ গৈ মৰমেৰে ক’লে ৷
        আই অ' তই দিপুক পাহৰি যা, সিহঁত ধনী মানুহ ৷ ধনী মানুহে দুখীয়া মানুহৰ মূল্য নুবুজে ৷
                তাইও বুজিছিল দেউতাকৰ বুকু ভঙা বিননিক ৷ কেনেকৈ বাৰু পাহৰিব তাই দিপুক , যাক হৃদয়ৰ গভীৰ কোণৰ পৰাই সমষ্ট উজাৰি ভাল পাই৷ হিয়া জোকাৰি সকলো দিছিল সকলো দিছিল তাৰ বুকুত সিঁচি সন্তপৰ্ণে ভালপোৱা
বোৰ ৷  দেউতাকৰ মুখলৈ চাইয়েই সকলো পাহৰি যাবলৈ যত্ন কৰিছিল পুনৰ জীৱনটোক নকৈ সজাবলৈ চেষ্টা কৰিলে ৷ কিন্তু কাল অমানিশাবোৰ ৰৈ থাকে জীৱনটোক তচনচ কৰি পেলাবলৈ, তাইৰো সেই একেই দশাই হ’ল ৷ তাইৰ ৰূপত মোহিত হৈ সিখন গাওঁৰ মৃদুলে বিয়াৰ প্ৰস্তাৱ ৰাখিলেহি সিহঁতৰ ঘৰত ৷ মাক দেউতাক মান্তি হোৱাত তাইয়ো একো প্ৰতিবাদ নকৰি বাধ্য হ’ল ৷ বুকুত এবোজা বেদনা বান্ধি অচিনাকি এখন ঘৰলৈ অগ্ৰহৰ হ’ল দুভৰি, নাজানে তাই সেইখন ঘৰত তাইৰ মৰ্য্যদা কিমান ৷
    বৰ হেঁপাহেৰে সামৰি সুতৰি লৈছিল নতুন ঘৰখনক নিজৰ বুলি ,তথাপিও যেন কিবা এটা নোপোৱা তাইৰ সমস্ত মনটোক আগুৰি ধৰিছে ৷ মৃদুলৰ মাকে তাইক অকনো মৰমৰ চকুৰে চোৱা নাছিল মাথোঁ হকে বিহকে দুখীয়া বুলি, কামৰ খুদ উলিয়াই খাবলৈ নোপোৱা জাত বুলি ইতিকিং কৰি থাকে ৷ নিৰৱে দুচকুৰে বাগৰি অহা বাৰিষা ঢলবোৰক গোপনে  বাধা দিছিল, বুকুত এক অসহ্য যাতনা  লৈ ৷ 
     লাহে লাহে তাই চকুত মৃদুলৰ স্বভাৱবোৰো পৰিলক্ষিত হ’বলৈ ধৰিলে ৷’ কামৰ পৰা দেৰিকৈ ঘৰলৈ ঘুৰি অহা মুখত সুৰাৰ দুগন্ধ ৷ কাক ক’ব কথাবোৰ কোনে মানিব তাইৰ দুখৰ তাৰণাক,
তথাপি মানি লৈছিল কপালৰে লিখন বুলি ৷ কথাবোৰ তেনেকৈ ভাৱি ল’লেও মানি ল’বলৈ কষ্ট হয়, যেতিয়া তাই আনৰ মুখেৰে শুনে মৃদুলৰ পৰস্ত্ৰী লগত থকা দৈহিক সম্পৰ্কবোৰৰ কথা ৷ কাল নিশাবোৰ হৈ পৰে অবাধ্য চকুলোৰ সংগী, শিতানৰ গাৰুটো হৈ উঠে বুকুত জ্বলি উঠা জুইকুৰাক বাধা দিয়া প্ৰেৰণাৰ প্ৰতীক ৷ মনতে ভাৱে তাইৰ কপালতহে এনেকুৱা দুখে কিয় বিৰাজমান কৰিলে ৷ ঘৰখনলৈও উভতি যাব নোৱাৰে দেউতাকক কষ্ট দিবলৈ, কোনোমতে হাজিৰা কৰি পোহপাল দিছে ভায়েক, ভনীয়েক হালক আৰু বেমাৰী মাক জনীক আকৌ তাইনো কেনেকৈ কোন হতেৰে বোজা হয়গৈ ৷ কেতিয়াবা দেউতাকৰ ওপৰতে খং উঠে যদি খোৱাবলৈ, পিন্ধাবলৈ, পঢ়াবলৈ সামৰ্থ্যই নাছিল কিয় জন্ম দিছিল ৷ যদি ভালদৰে পঢ়োৱালে হয় তেতিয়া কিজানি কিবা এটাত মূৰটো গুজিব পাৰিলেহেঁতেন ৷ পঢ়িবলৈ হেঁপাহ আছিল যদিও আৰ্থিক অৱস্থা বাবেই নোৱাৰিলে, আহঃ ইমান বেদনা গধুৰ কিয় হয় জীৱন ৷ 
          মৰি যাওঁ ভাৱিলেও নোৱাৰে মৰিব মৰম লগা অজান কনমানিটি বাবে ৷ বুকুত সাৱটি কান্দি কান্দি পাৰ কৰে উজাগৰী
 ৰাতিবোৰ ৷ কোনো দিনেই নাপালে কাৰোৰে পৰা মৰমৰ মাত ৷ ইমান আদৰ যত্ন লোৱাৰ পাছতো শাহুৱেকৰ পৰা পাই অকৰ্থ্য গালি গালাজ ’ কৰ্কশ গালি শপনিবোৰহে ৷ নাপালে কোনোদিনেই মৰমৰ স্পৰ্শ বিলাক, নাপালে বিচাৰি তাই দেখা সপোনবোৰক ৷ পালে মাথোঁ মদাহী, জুৱাৰি, পৰস্ত্ৰী লুভীয়াং মানুহটো
পৰা ৰাতিৰ অন্ধকাৰত হৃদয়ৰ যাতনাবোৰহে ৷
ছিৰিলা ছিৰিল হয় বুকুৰ হেঁপাহবোৰ, ক্ষুধাতু বাঘৰ দৰে দকচি দকচি খাই তাইৰ শৰীৰৰ কোমলতা বোৰক ৷ চিঞৰি উঠে নিৰৱতাক ভেদি কাতৰে শৰীৰৰ যান্তনাবোৰ লৈ ৷ 
        আকৌ আজি তাইক পুনৰ নকৈ এটা দুখে আগুৰি ধৰিলে ৷ লৈ আহিছে তাই অধঃপতনে যোৱা মানুহটোক চিকিৎসা বাবে চিকিৎসালয়লৈ৷ সি সেই চৰকাৰী চিকিৎসালয় খনৰ মেডিচিন বিভাগৰে চিকিৎস ৷ মদাহী বেমাৰী মানুহটোৰ সৈতে কাষত কনমানিটোক লৈ সোমাই গ’ল ডাক্তৰ কেবিনলৈ টিকটৰ নম্বৰৰ অনুসৰি ৷ তাইৰ মাতষাৰ চিনিব পাৰি মূৰ তুলি চাইছিল দিপুৱে, দুয়োটা চক খাই উঠিল আকস্মিক ভাৱে আৰু তেনে অৱস্থাত হোৱা সাক্ষাৎত ৷ মনৰ দুখ মনতে সামৰি বেমাৰীক চাই দৰৱ লিখি দিলে, কিন্তু সেই সময়তে মানুহটোৰ বেমাৰে বেছিকৈ উক দিয়াত ৰাখিব লগা হ’ল বেডিংত ৷ প্লাৱিতাৰ বুকুখন অজান আহংকাত কঁপিব ধৰিলে লাজত নে ভয়ত একো উমান নোপোৱাকৈ ৷ 
       চেলাইন লগাই থোৱা মানুহটো ওচৰতে বুকুত কনমানিটোক লৈ কুচিমুচি বহি আছে এক জড় পদাৰ্থ দৰে ৷ সোমাই আহিছে ডাক্তৰ দিপু  বেমাৰীক নিৰীক্ষণ কৰিবলৈ ৷ সকলো ৰিপৰ্ট চোৱাৰ পাছত তাইক তাৰ কেবিনলৈ মাতিথৈ আহিল কিবা সুধিব লগা আছে বুলি ৷ লাজে সংকোচে সোমাই গ’ল প্লাৱিতা দিপুৰ কেবিনটোলৈ ৷ সি তাইক মানুহটো বেমাৰৰ কথাটো কলে , অত্যাধিক ৰাগিয়াল দ্ৰব্য সেৱন কৰাৰ ফলত লিভাৰ, কিডনী দুয়োটা বিকল হৈ পৰিছে ৷ উন্নত চিকিৎসা কৰাব পাৰিলে অলপ দিন তাইৰ সংগী হৈ থাকিব নহলে মাত্ৰ কেইদিনমানৰ হে আলহী ৷ 
     মূৰত আকৌ নতুনকৈ এখন পাহাৰ বাগৰি পৰিল, দুচকুৰে ধাৰাসাৰে বাৰিষা ঢল বাগৰিল ৷ সি তাইক ক’লে যিমান পাৰে চেষ্টা কৰিব বাকী সকলো নেদেখা জনৰ ওপৰত ৷ দিপুৱে যিমান পাৰে চেষ্টা কৰিলে তাইৰ মুখলৈ চাই, দুখৰ কথাবোৰ শুনি ৷ মানুহটোৰ তেনে অৱস্থা দেখি বেয়া লাগিছিল যদিও বাহিৰলৈ নিয়া কথাষাৰ শুনাৰ পাছত তাইৰ খংটোহে উথলি উঠিল ৷ ক’ৰ পৰা নিব তাই, জীৱনত যিমান ঘটিলে চব জুৱাৰ,
মদ লম্পট স্বভাৱত উৰাই শেষ কৰি পেলালে ৷ এতিয়া ঘৰৰ ভেটিটো আৰু উৱলি যোৱা ঘৰটো বাদে কি ডালনো আছে ৷ সকলো অকপটে কোনো সংকোচ নকৰাকৈয়ে ব্যক্ত কৰিছিল দিপুৰ আগত ৷ চকুৰ কোণত বিয়পি পৰিছিল চকুলো দুটোপাল নিৰৱে মুচিছিল তাই নেদেখাকৈ ৷
    দিপুৱেও কৈছিল প্লাৱিতাক তাৰ জীৱনৰ বিপদাপন্ন কথাবোৰ ৷ অহংকাৰী দেউতাকৰ কথা মতেই উচ্চ বংশৰ জীয়ৰীক বিয়া কৰাই আনি জীৱনলৈ নিজেই মাতি অনা সংকটবোৰ ৷ ধনী দুলাৰী সুখত লালিতা পালিতা সুকন্যাই পোৱা নাছিল দিপুৰ পৰা তাই বিচৰা দৰে মৰমবোৰ ৷
প্লাৱিতাৰ প্ৰতি থকা মৰম ভালপোৱাৰ বাবেই মানি ল’ব পৰা নাছিল সুকন্যাৰ আৱদাৰ বোৰক।
এদিন তাক এৰি গুচি গৈছিল সুকন্যা বেলেগ কাৰোবাৰ হৃদয় জোৰাবলৈ, পুনৰ অকলশৰীয়া হৈ পৰিছিল দিপু ৷ দুয়োটাই নিজৰ নিজৰ দুখৰ কথাবোৰ বৰ্ণনা কৰি ভাগি পৰিছিল নিষ্ঠুৰ সময়ক সোঁৱৰি ৷ 
     তাইও ক’বলৈ মন গৈছিল তাৰ প্ৰতি থকা ভালপোৱা বোৰে তাইৰো বিবেকে  লম্পট মানুহটোৰ কাষলৈ যাবলৈ বাধা দিছিল ৷
নিজৰ ইচ্ছা অনুযায়ী মৃদুলৰ কামনাবোৰ পূৰণ নোহোৱাত তাইৰ ওপৰত চলিছিল পাশৱিক অত্যাচাৰবোৰ ৷ অনিচ্ছা সত্বেও বলি হৈছিল তাৰ বজ্ৰ কঠিন দুৱাহুৰ মাজত, পানী নাপাই চতফতাই থকা মাছৰ দৰে ৷ নোৱাৰিলে ক’ব তাক সেই নিদাৰুণ সত্য বিলাক ৷ 
       দুদিন হস্পিতালত ৰাখি পুনৰ প্লাৱিতাই লৈ আহিছিল মানুহটোক ঘৰলৈ ৷ কিছুদিনৰ পাছতেই নেদেখা দেশলৈ গুচি গৈছিল তাইক আৰু কনমানিটোক এৰি ৷ খবৰটো পাই দিপু আহিছিল খবৰ কৰিবলৈ ৷ তাইক উকা বগা সাঁজযোৰত দেখি তাক শোকে খুন্দা মাৰি ধৰিছিল ৷ সি কাজৰ দায়িত্ববোৰ গাত পাতি লৈ তাইক কৈছিল আকুলতাৰে ৷
        প্লাৱি, সকলো দুখ পাহৰি আকৌ সেই ভালপোৱা এনাজৰী ডালিৰে বান্ধি নকৈ সংসাৰখন গঢ়িব নোৱাৰিনে ৷ কনমানিটোৱে দুখ কি, কষ্ট কি উপলব্ধি কৰিব নোৱাৰাকৈয়ে ডাঙৰ মানুহ কৰাৰ সিদ্ধান্তটো ল’ব নোৱাৰিনে ?
      প্লাৱিতাই তাৰ কথাত অবাক হৈ দুচকুলৈ চাই ৰ’ল বেদনাসিক্ত চকুলো বোৱাই ৷ 
      সিও অধীৰ আকুলতাৰে কৈ উঠিল, 
         তোমাৰ উচিত সিদ্ধান্ত পাম বুলি আশা কৰিলো ৷ 
     কথাষাৰ কৈয়ে সি তাৰ বিলাসী গাড়ীখনত উঠি গুচি গৈছিল ৷ 
          মাটিত পাৰি লোৱা কেথাখনত বাগৰি তাই ভাৱিবলৈ ধৰিলে কনমানিটো মুখলৈ চাই, দিপুৱে বাৰু এতিয়াও তাইৰ প্ৰতি মৰমবোৰ সযতনে কিয় ৰাখি থৈছে কনমানিটোৰো দায়িত্ব ল’ব কিয় খুজিছে ৷ তাইহে দেখোন মনটোক বান্ধিব পৰা নাই । কি কৰিলে সঠিক সিদ্ধান্তত উপনিত হ’ব পাৰিব ? এটা হুমুনিয়াহ এৰি দুচকু মুদি কঁপা কঁপা ওঁঠ দুটিৰে বিৰবিৰালে ৷
       জানা দিপু , এতিয়াও তুমি মোৰ  হৃদয়তে  আছা  ৷৷


পৃষ্ঠা ৩৯
কথোপকথনঃ
 
সন্ধ্যা দেৱীৰ সৈতে কথোপকথন



অঙ্গনৰ কথোপকথন পৃষ্ঠাত আজিৰ অতিথি অসমৰ এগৰাকী নমস্য সংগীত শিল্পী, অনতাঁৰ কেন্দ্ৰ স্বীকৃত গীতিকাৰ, সুৰকাৰ, যোৰহাটৰ সন্ধ্যা দেবীক নিমন্ত্ৰণ কৰি অনা হৈছে।


প্ৰশ্ন: নমস্কাৰ অঙ্গনে আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয় টো চমুকৈ দিব  নেকি ?
স:দে: মই সংগীত জগতত গীতিকাৰ আৰু গায়িকা হিচাপে পৰিচিত। মই ১৯৫৫ চনৰ পৰা গীত গাবলৈ আৰম্ভ কৰি বৰ্তমানলৈকে গাই আছোঁ আৰু  ১৯৭৫ চনৰ মাৰ্চ মাহৰ পৰা গীত লিখিবলৈ আৰম্ভ কৰিছিলোঁ।

প্ৰশ্ন:আপোনাৰ শিক্ষা জীৱনৰ কথা কওকচোন।
স:দে: মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলো ডিব্ৰুগড়ৰ জেউতি মৰল প্ৰায়মেৰী বিদ্যালয়ত। তাৰপাছত ডিব্ৰুগড় ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈছিলো। স্নাতক ডিগ্ৰী লাভ কৰিছিলো মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ পৰা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী আছিলো।

প্ৰশ্ন: সংসাৰ মাজত সংগীত জীৱনটো আপুনি কিদৰে আগুৱাই নিছিল ?
স:দে: সংগীত মোৰ বাবে মন-প্ৰাণৰ আধাৰস্বৰূপ হোৱা বাবে সংসাৰৰ হাজাৰটা বাধা-বিঘিনিৰ মাজতো সংগীতৰ চৰ্চা কৰি নিছিলো। এইচোৱা সময়ত গাধোৱা ঘৰ, শোৱাকোঠালি‌ বা ঘৰৰ আছুতীয়া ঠাইত হ'লেও মই সংগীত চৰ্চা কৰিছিলো।

প্ৰশ্ন: সংগীতৰ ক্ষেত্ৰখনত আপোনাৰ স্থান কেনে হোৱাটো বিছাৰিছিল ?
স:দে: মোৰ বিবাহৰ আগত সংগীতৰ ক্ষেত্ৰখনত মই বিচৰাতকৈয়ো মোৰ আত্মীয় তথা অনুৰাগী জ্যেষ্ঠসকলে অসমৰ এগৰাকী খ্যাতনামা সংগীত শিল্পী, গায়িকা আৰু সুৰকাৰ হিচাবে প্ৰতিষ্ঠা হোৱাটো কামনা কৰিছিল আৰু ময়ো সেইবাবে চেষ্টা চলাই গৈছিলো সংগীতৰ সাধনাৰ জৰিয়তে।

প্ৰশ্ন: আপুনি যিদৰে ভাবিছিল বা বিচাৰিছিল সেইদৰে বৰ্তমান পাইছেনে ? 
স:দে: মই যিধৰণে বিচাৰিছিলো সেইদৰে মই পোৱা নাই বৰ্তমানলৈকে। কিন্তু এটা কথা ক'ব পাৰোঁ যে মানুহৰ অন্তৰৰ অনুভৱ-অনুভূতি কেতিয়াও কোনো কাৰণতে নাইকীয়া হৈ নাযায়, অন্ত:সলিলা প্ৰবাহ হিচাপে গোটেই জীৱন মনত প্ৰবাহিত হৈ থাকে। মোৰ জীৱনটো সেইটোৱেই হৈছিল আৰু মোৰ মন-প্ৰাণত সংগীতক লৈ চলি থকা অনুভৱ-অনুভূতিবোৰে গীতৰ কথা হৈ আত্মপ্ৰকাশ কৰিছিল। হাজাৰটা বাধাৰ মাজতো গীতৰ আকাৰ দিয়া কথাবোৰত মোৰ ব্যক্তিগত জীৱন প্ৰতিফলিত হৈছিল। সেইটো প্ৰথম প্ৰথম হৈছিল যদিও পাছলৈ মই বহুতো সমাজ সম্পৰ্কীয় গীতৰ লগতে আনৰ আকাংক্ষাৰ বাবেও গীত ৰচি গৈছিলো।

প্ৰশ্ন: আপুনি যেতিয়া এটা গীত ৰচনা কৰে তেতিয়া আপুনি কি কথাক লাগতীয়াল হিচাপে বেছি গুৰুত্ব দিয়ে ?
স:দে: মই যেতিয়া এটা গীত ৰচনা কৰোঁ তেতিয়া মোক যিবোৰ কথাই আঘাত কৰে বা যিবোৰ কথাই প্ৰেৰণা দিয়ে সেইবোৰৰ অনুভৱকলৈয়েই সাধাৰণতে গীত ৰচনা কৰোঁ।

প্ৰশ্ন: গীতিকাৰ নোহোৱা হ'লে কি হ'লহেতেন ?
স: দে: গীতিকাৰ নোহোৱা হ'লে মই গায়িকাই হ'লোহেতেন। কিয়নো মোৰ বৰ্তমান বয়স ৭৪ বছৰ, এই বয়সটো মই গীত গাই আছোঁ, মোৰ কণ্ঠৰে গীত ৰেকৰ্ডিঙো কৰিছো যিহেতু গতিকে মই ক'বপাৰো যে গীতিকাৰ নোহোৱা হ'লে নিশ্চিতভাৱে মই গায়িকাই হৈ থাকিলোঁহেতেন।

প্ৰশ্ন: সংগীতৰ উপৰিও কি বিষয়ত আপোনাৰ ৰুচি আছে ? 
স:দে: সংগীতৰ উপৰিও মোৰ সাহিত্যত যথেষ্ঠ ৰুচি আছে। মই গল্প, প্ৰবন্ধ আৰু কবিতা লিখোঁ। ইয়াৰ উপৰিও মই বাৰীত কাম কৰি ফুলনীত লাগি ভালপাওঁ।

প্ৰশ্ন: আপুনি পোৱা বটাঁ বাহনৰ বিষয়ে অলপ ক'ব নেকি ?
স:দে: মই বটাঁ লাভৰ প্ৰতি আকাংক্ষি নাছিলো যদিও 'দশম ৰ'দালী এৱাৰ্ড' অনুষ্ঠানে গুৱাহাটীত ' অসম ৰত্ন' বঁটা প্ৰদান কৰিছিল আৰু গোগামুখৰ ' হেৰোৱা শিপাৰ সন্ধান' নামৰ এটা অনুষ্ঠানে মোক ঘৰত সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিকভাৱেও সহায় আগবঢ়াইছিল।

প্ৰশ্ন: বৰ্তমান প্ৰজন্মক উদ্দেশ্যি আপোনাৰ ক'বলগীয়া ?
স:দে: বৰ্তমান প্ৰজন্মত বহুতো প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী য়ে সংগীতৰ ব্যৱসায়িক দিশটোকহে প্ৰাধান্য দিয়া দেখা যায়। সংগীতক ব্যৱসায় হিচাপে ল'লেও কিন্তু সমাজ আৰু দেশৰ প্ৰতিও প্ৰতিজন মানুহৰে দায়বদ্ধতা আছে গতিকে সেই দায়বদ্ধতাও সংগীতৰ মাজেদি প্ৰকাশ হ'ব লাগে।যিটো ভূপেন হাজৰিকা দেৱে গীতৰ মাজেৰে প্ৰকাশ কৰি গৈছে। তেখেতে ব্যক্তিগত জীৱনক গীতত প্ৰকাশ কৰাৰ উপৰিও দেশ-মাটি-মানুহ আৰু সমাজ জীৱনক গীতৰ উপজীৱ্য হিচাপে প্ৰকাশ কৰিছিল বাবেই তেখেত অমৰ শিল্পী। গতিকে নতুন প্ৰজন্মৰ শিল্পীসকলেও ব্যৱসায়মূখী সংগীত পৰিবেশন কৰাতকৈ দেশ আৰু সমাজমূখী সংগীত পৰিবেশনত গুৰুত্ব প্ৰদান কৰক। এইটো মোৰ আকাংক্ষা।
আপোনালৈ অঙ্গনে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি সু-স্বাস্থ্যৰ দীৰ্ঘজীৱি হৈ অসমৰ সংগীত জগতলৈ আপুৰুগীয়া অৱদান আগবঢ়াওক। এয়াই আমি কামনা কৰিলোঁ।

সাক্ষ্যাত গ্ৰহণঃ
সংহিতা পূজাৰী
প্ৰতিনিধি, অঙ্গন


পৃষ্ঠা ৪০
ৰেচিপিঃ

আমৰ আচাৰ


সামগ্ৰী:
১)আম ১০টা
২)মিঠাতেল২৫০গ্ৰাম
৩)পাঁচ পূৰণ মচলা ৫০গ্রাম
৪)জিৰা, ধনীয়া গুৰা ৫০গ্ৰাম
৫)নিমখ আন্দাজমতে
৬)জলকীয়া গুৰা আন্দাজমতে
৭)হালধি আন্দাজমতে
৮)সৰিয়হ ৫০গ্রাম
৯)ভিনেগাৰ ২চামুচ

প্ৰণালী:
প্ৰথমে আম কেইটা ভালদৰে ধুই লৈ গুটি উলিয়াই কাটি লব আৰু পানী নুৰোৱাকৈ ৪ ঘণ্টা সময় ৰ'দত দিয়ক। সৰিয়হ খিনিও ধুই লৈ ৰ'দত শুকুৱাই লৈ পিহি লওক। পাঁচ পূৰণ খিনিও অলপ কেৰাহীত গৰম কৰি পিহি লওক। সকলো খিনি তৈয়াৰ হোৱাৰ পাছত আন্দাজমতে নিমখ, হালধি, জলকীয়া গুৰা দি কাটি লোৱা আম খিনিত কেঁচা মিঠাতেল দি দিয়ক আৰু পিহি লোৱা সৰিয়হ গুৰা, পাঁচ পূৰণ মছলা, জিৰা গুৰা ,ধনীয়া গুৰা দি লৈ কাঁচৰ বটলত ভৰাই থওঁক লগতে ২চামুচ ভিনেগাৰ দি দিয়ক। বটলটো ৰদত ৰাখিব কেইবাদিনো তেতিয়াহে খাবলৈ ভাল লাগিব । সাধাৰণতে আমি যিকোনো আচাৰ তেলত ভাঁজি থওঁ কিন্তু  এনেদৰেও থৈ চাব পাৰে আচাৰৰ টেষ্টটো বেলেগ হয় ।


মুনমী গগৈ
জাঁজী(শিৱসাগৰ)


পৃষ্ঠা ৪১

বিটৰোট আৰু বিলাহীৰ চুপ


বিটৰোটে তেজ বৃদ্ধি কৰাত সহায় কৰে, immunity system  ঠিক কৰে । বিটৰোট আৰু বিলাহীৰ চুপ বাবে সামগ্ৰীসমুৃহ হৈছে- 
১)বিলাহী ৪টা হিচাপ অনুযায়ী 
২)২ টা বিটৰােট 
৩) নহৰু ১৫ ফোটা (কলি)
 ৪)আদা এটুকুৰা 
৫)গুটী জালুক ১চামুচ আধা গুৰি 
৬)dasy ঘি 
৭)নিমখ 
৮) তেজপাত 
৯) চেনী 
১০) ধনীয়া optional 
১১)কলানিমখ optional 
12) কাজু optional   
13)চীজ optional

বনােৱাৰ প্ৰণালী = প্ৰথমতে বিটৰােটখিনি আৰু বিলাহীখিনি ভালদৰে  ধুই কাটি কেৰাহী বা কূকাৰত সিজাই লৈ মিক্সাৰ জাৰত মিহী কৰি তাৰ পাছত গেছত পেন বা কেৰাহী বহাই  ২চামুচ ঘি  দি গৰম হোৱাৰ পাছত তাতে ১৫ফূটা ৰুকি লােৱা নহৰু , ৰুকি লোৱা আদা ,তেজপাত দি ভাজিব লাগে । ৰঙাচুৱা হােৱাৰ  পাছত মিহি কৰা বিলিহী আৰু বিটৰোটৰ পেষ্টখিনি দি লগতে চেনী ২চামুচ দি ভাজি লোৱাৰ পাছত ১গিলাছ আধা, জোখ মতে পানী দি উতলি থকাৰ সময়ত গুৰি কৰা গুটি জালুক দিব লাগে । সুৱাদ অনুসৰি  নিমখ , কাজু বাদাম টুকুৰা , কলানিমখ এক পিনচ,  উতলি থকা সময়ত চীজ  আৰু কাটিলোৱা ধনীয়াখিনি দি নমাই দিব লাগে।

প্ৰিঞ্চি প্ৰধান


পৃষ্ঠা ৪২
শেষ পৃষ্ঠাৰ লেখাঃ

নৱগঠিত চৰকাৰ আৰু ৰাইজৰ আশা

              ২০২১ চনৰ নিৰ্বাচনত পুনৰ বাৰ অসম বিধান সভাত BJPৰ মিত্ৰজোঁটতে মুঠ  ৭৫ খন আসন দখল কৰি  দ্বিতীয় বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। বহু আশা প্ৰত্যাশা বুকুত বান্ধি অসমীয়া ৰাইজে মিত্ৰজোঁটক দ্বিতীয় বাৰৰ বাবে শাসনৰ ভাৰ অৰ্পন কৰিছে। গণতন্ত্ৰত যিহেতু ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থীয়ে ৰাইজৰ প্ৰতিনিধিত্ব কৰে । আব্ৰাহাম লিঙ্কনে কৈছিল " গণতন্ত্ৰ হৈছে ৰাইজৰ দ্বাৰা, ৰাইজৰ কাৰণে আৰু ৰাইজৰ চৰকাৰ"। সেয়ে ৰাইজ আশাবাদী হোৱাটো স্বাভাৱিক।
               সাম্প্ৰতিক সময়ত অসমখন বিভিন্ন সমস্যাৰ দ্বাৰা জৰ্জৰিত। অসমত অৰ্থনৈতিক, সামাজিক, যাতায়ত, স্বাস্থ্যখণ্ড, শিক্ষাখণ্ড, অবৈধ অনুপ্ৰবেশ কাৰী, বানপানী, নিবনুৱা সমস্যা ইত্যাদি জ্বলন্ত সমস্যা সমূহৰ উপৰিও বৰ্তমান সময়ত কৰ'ণাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এনে সময়ত অসমীয়া ৰাইজে নৱনিৰ্বাচিত চৰকাৰখনলৈকে আশাৰে বাট চাই আছে‌। ৰাইজে আশা কৰে যে নৱগঠিত চৰকাৰখনে উৎকৃষ্ট আচনিৰ জৰিয়তে উচিৎ পদক্ষেপ গ্ৰহণ কৰি অসমীয়া ৰাইজক এই সমস্যা সমূহৰ পৰা মুক্ত কৰিব। বৰ্তমান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতাধীন চৰকাৰখনে কৰ'ণাৰ সৈতে যুঁজিবৰ বাবে কেবিনেট বৈঠকৰ জৰিয়তে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আশা কৰোঁ তাক সুন্দৰকৈ ৰূপায়ন কৰাত সফল হ'ব। কৰ'ণাৰ ভেক‌্চিন, অক্সিজেন, ৰোগীৰ চিকিৎসাহ আদিত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰি ৰাইজক এই সংকটৰ পৰা উদ্ধাৰ কৰিব।
               সাম্প্ৰতিক সমস্যা সমূহৰ উপৰিও বিগত কালৰ NRC ,  অসম চুক্তিৰ ছয় নং দফা,  ছয় জনগোষ্ঠীৰ জনগোষ্ঠীকৰণ, সীমান্ত শ্বীল্ড কৰা আদিৰ দৰে আধৰুৱা কামবোৰৰ ওপৰতো ৰাইজে চকু নিশ্চয়কৈ ৰাখিব। সেয়ে চৰকাৰে এই বিষয় সমূহৰ ওপৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ'ব লক্ষনীয়।
            আমি আশা কৰিম চৰকাৰখনে ক্ষুদ্ৰ স্বাৰ্থৰ পৰিত্যাগ কৰি অসম তথা অসমীয়াৰ সৰ্বাঙ্গীন উন্নতিৰ হকে কাম কৰি বৃহৎ স্বাৰ্থ সিদ্ধিৰে ইতিহাস ৰচনা কৰিব। অনাগত দিনত অসমে নিজস্ৰ পৰিচয়েৰে বিশ্ব দৰবাৰত মূৰ দাঙি থাকিব পৰাকৈ অসমখনক গঢ়ি তোলক অসমৰ নৱগঠিত মিত্ৰজোঁট চৰকাৰখনে।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন


পৃষ্ঠা ৪৩

আৰ্ট গেলাৰীঃ


অনুৰাগ আগমাচায্য 
শ্ৰেণী-অষ্টম 
কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ


পৃষ্ঠা ৪৪


Post a Comment

0 Comments