অঙ্গন (১ আগষ্ট ২০২০ চন)

পৃষ্ঠাঃ ১

বেটুপাতঃ ১




পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাত আৰু বেটুপাতৰ শেষ পৃষ্ঠাৰ বাবে
ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰিবলৈ
অনুৰোধ জনোৱা হ'ল।
উল্লেখ্য যে আগন্তুক তিনিটা মাহৰ বাবে প্ৰয়োজনীয় বেটুপাত ফটো
চলিত আগষ্ট মাহতেই পঞ্জীয়ন কৰা হ'ব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
দুঃসময়-- পৃষ্ঠা ৫

২/ অঙ্গনলৈ চিঠিঃ -- পৃষ্ঠা ৬
পল্লৱী বৰা

৩/ প্ৰৱন্ধ: পৃষ্ঠা ৭
ক/মহামাৰী কৰ'ণা (ক'ভিড ১৯)
    অনিমা বৰঠাকুৰ
খ/ সু-ব্যৱহাৰ আৰু সুস্থ মন
     ৰাজশ্ৰী বৰা

৪/ ধাৰাবাহিক উপন্যাসঃঃ পৃষ্ঠা ১০
     ক। ধুমুহাই ভঙা সপোন
     দুৰ্গেশ্বৰ শইকীয়া
     খ। অনুতপ্ত
     বৃষ্টি বৰুৱা

৫/ অণুগল্পঃঃ পৃষ্ঠা ১৪
ক/মুখুৰা  ( হেমা চৌধুৰী গগৈ)
খ/ মন (নিৰুপমা ডেকা)
গ/মমতা(অভিলাষা শইকীয়া)

৬/ এক মিনিটৰ গল্পঃ পৃষ্ঠা ১৫
ক/এনেকৈয়ে ভাগেনে সপোন (পূবালী দাস)
খ/ নৱজীৱন (মঞ্জুমালা শৰ্মা ভট্টাচাৰ্য্য)
গ/ চিঞৰ (নিৰ্মালী নয়ন তৰা সন্দিকৈ)

৭/ অনুবাদ কবিতাঃ পৃষ্ঠা ১৯
মৃতজাত (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ STILLBORN BY SYLVIA PLATH

৮/কবিতাঃঃ পৃষ্ঠা ২০-২৯
ক/ পাৰমাণৱিক (তপন বৰুৱা)
খ/ আঁতৰি থাকো আহাঁ আজি আমি( ৰীতা বৰুৱা)
গ/ পোহৰ (ৰূপজ্যোতি হাজৰিকা দত্ত)
ঘ/মা ভুল আছিল তোৰ কথাবোৰ (গীতৰাজ)
ঙ/ গচকত কেঁকাই শব্দ( গাৰ্গী ভূঞা)
চ/ কালান্তৰৰ সীমনাত (বৰ্ষা মৰম দত্ত)
ছ/সপোন যেন বৰষুণ (পৱন ডেকা)
জ/ হৃদয় (জিমি মজুমদাৰ)
ঝ/বুজনি (অমিয়া গোস্বামী)
ঞ/ স্বপ্নৰ দিব্যোদক(নিৰূপণ বৰুৱা)
ট/ এজাক মায়াসনা জোনাকৰ বৰষুণ (ৰেখা সন্দিকৈ)

৯/ অনুভৱঃঃ পৃষ্ঠা ৩০
আদ্যা (কৃষ্ণা দেৱী)

১০/ নিৱন্ধঃঃ পৃষ্ঠা ৩১
ক/ডাষ্টবিনঃ সৌন্দৰ্যৰ ব্যতিক্ৰমি প্ৰতীক (ঋতুপৰ্ণা দত্ত)
খ/ চিত্ৰকলা আৰু ইয়াৰ প্ৰয়োজনীয়তা (দুলাৰী কাকতি)

১১/ গ্ৰন্থ সমালোচনাঃ-- পৃষ্ঠা ৩৩
মোৰ এটা সপোন আছেঃ ড: ৰুবুল মাউত দেৱৰ গ্ৰন্থৰ সম্পৰ্কে (বীণা বৰুৱা)

১২/ ঠাই বিশেষঃ-- পৃষ্ঠা ৩৪
অসমৰ অন্যতম পৰ্যটনকেন্দ্ৰ উকিয়াম (হিমপৰশা ৰাভা)

১৩/ গল্পঃঃ পৃষ্ঠা ৩৫-৪৫
ক/ জীয়া কলিজাৰ আৰ্তনাদ (প্ৰীতিলেখা বৰা)
খ/মা (গীতাঞ্জলি দেৱী)
গ/ সাধু বাবা ( হিৰণ ভূঞা)

১৪/ নীলা খামৰ চিঠিঃঃ পৃষ্ঠা ৪৬
মল্লিকাগিৰি বৰুৱা

১৫/ মতামতঃঃ পৃষ্ঠা ৪৭
ক/ সোনালী শইকীয়া
খ/ দেৱাশ্ৰী হাজৰিকা
গ/ সাগৰিকা গোস্বামী

১৬/ ৰেচিপিঃঃ পৃষ্ঠা ৫০
বাটাৰ পনীৰ
হিমাশ্ৰী কাশ্যপ

১৭/ নিয়মীয়া শিতান
ক/ জ্ঞানৰ সঁফুৰা ঃঃ পৃষ্ঠা ৪৮
খ/ শব্দৰ যট্পট্ ঃঃ পৃষ্ঠা ৪৯
গ/ মতামত ঃঃ পৃষ্ঠা ৪৭

১৮/ ম'ডেল পৃষ্ঠাঃঃ পৃষ্ঠা ৫১

১৯/ শেষ পৃষ্ঠাৰ লেখাঃঃ পৃষ্ঠা ৫২
ডাকোৱালজনে চিঠিখন ননা হ'ল
মঞ্জিত হাজৰিকা

২০। মতামতৰ বিষয়----পৃষ্ঠা ৫৩

২১। ঘোষণাঃঃ  পৃষ্ঠা ৫৪



পৃষ্ঠাঃ ৪


অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ ৰূপজ্যোতি হাজৰিকা দত্ত
(মালৌ আলি নন্দনপুৰ যোৰহাট)
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
নিৰ্মালী মহন্ত, গোপাল কৃষ্ণ বাঢ়ৈ, দেৱজ্যোতি নাথ, দিপশিখা হাজৰিকা বৰুৱা, ৰিতু ভঁৰালী, প্ৰস্তুতি শৰ্মা, স্বপ্নমজ্যোতি কলিতা, অৰ্চনা শইকীয়া, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা।



পৃষ্ঠাঃ ৫


সম্পাদকীয়ঃ

দুঃসময়


বিগত ২০১৯ বৰ্ষৰ শেষৰ ফালৰ কথা। সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীও ঘৰৰ পৰা ৰাস্তালৈ ওলাই আহিল। সকলোৱে লাগতীয়াল কাম বন সামৰি হাতত বেনাৰ, পোষ্টাৰ লৈ ন্যায়সংগত দাবী উপস্থাপন কৰিবলৈ আৰম্ভ কৰিলে। অসমৰ আকাশ বতাহ কেৱল ক'লা ধোঁৱাই ছানি ধৰিলে। গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ আদিকে ধৰি অসমৰ সৰু-ডাঙৰ চহৰ সমূহৰ লগতে গ্ৰাম্যাঞ্চলৰ প্ৰতিটো চুকে কোণে কেৱল জ্বলি উঠিল প্ৰতিবাদৰ জুই, এক অকল্পনীয় পৰিবেশে বিৰাজ কৰিলে চৌদিশে। পাঠকে নিশ্চয় মন কৰিছে, এই আন্দোলন আছিল কেব আৰু কাৰ বিৰুদ্ধে হোৱা আন্দোলন। এই আন্দোলনত অসমৰ চাৰিজনকৈ নিৰীহ জনতাৰ মৃত্যুও হৈছিল।

    আন্দোলন হ’ল, চৰকাৰী পক্ষই নিজৰ মততেই অটল হৈ থাকিল। একেদৰে জাতীয় সংগঠনৰ নেতৃত্ববৰ্গইও আন্দোলন তীব্ৰ গতিত আগবঢ়াই নিবলৈ ধৰিলে। এই ঘটনাৱলীত কোন শুদ্ধ, কোন অশুদ্ধ সেয়া আমাৰ বিচাৰ্যৰ বিষয় নহয়। কিন্তু এক দীঘলীয়া সময়ৰ বাবে অসমত যি বন্ধ ঘোষণা হ’ল, যি বন্ধৰ বাবে সাধাৰণ ভাৱে জীৱন নিৰ্বাহ কৰা পৰিয়ালসমূহলৈ ঘোৰ অমানিশা নামি আহিলে তেওঁলোকৰ এই অৱস্থাৰ বাবে কোনে দোষ স্বীকাৰ কৰিব। কণ কণ ল'ৰা-ছোৱালীহালৰ মুখত খুদকণ দিয়াৰ মানসেৰে ৰিক্সাখন লৈ পুৱাতেই ওলাই যোৱা আপোনাৰ মোৰ ককাইদেউজনৰ মৰমৰ ৰিক্সাখনৰ তিনিওটা চকাৰ পম্প খুলী দিয়াৰ পৰত এবাৰলৈও সেই মুখা পিন্ধা ভদ্ৰ লোক কেইজনে চিন্তা কৰিব পাৰেনে ইয়াৰ পিছৰ ছবিখন কিমান ভয়ানক। পেটৰ তাড়নাত ৰব নোৱাৰি দোকানখনৰ সন্মুখভাগ কিঞ্চিত খুলী দিয়াৰ লগে লগেই চিঞৰ বাখৰ কৰি ব্যক্তিজনক এক প্ৰকাৰ জোৰকৈ বাহিৰলৈ উলিয়াই আনি ৰাজহুৱাকৈ ক্ষমা বিচাৰিবলৈ কোৱাৰ সময়ত আমাৰ মনলৈ এবাৰলৈও আহেনে যে তেওঁলোকৰ পৰিয়ালত কি অৱস্থাৰ সৃষ্টি হৈছে। সেই সময়তেই অসমত এনে এক পৰিবেশৰ সূচনা হ'ল য'ত সাধাৰণ মানুহে হাড় ভঙা পৰিশ্ৰম কৰি দুবেলা দুমুঠি খোৱাৰ বাবেও হাহাকাৰ লাগিল। সকলোৱে ঈশ্বৰলৈ চিন্তা কৰি কেৱল এটাই প্ৰাৰ্থনা জনালে যাতে এই পৰিবেশৰ সাম কাটে, আগৰ পৰিবেশ উভতি আহে। কিন্তু আমি পাহৰি গ'লে নহ'ব যে চৰকাৰেই হওক বা বিভিন্ন দল সংগঠনেই হওক অথবা বুদ্ধিজীৱীয়েই হওক, কিছু এৰা ধৰাৰ মনোবৃত্তিৰে আগবাঢ়িলে নিশ্চিতকৈ অসমৰ জনসাধাৰণে এনে এক জটিল পৰিবেশৰ সন্মুখীন নহ'ল হেঁতেন। আমি সৰুতেই পঢ়িছিলোঁ, ক্ষমা বিচাৰিলে মানুহ সৰু হৈ নাযায়। বৰং ক্ষমাই মানুহৰ মহানুভৱতাক প্ৰকাশ কৰে। একেদৰে পঢ়িছিলোঁ, আন্তৰিকতাপূৰ্ণ আলোচনা আৰু আগ্ৰহৰ জৰিয়তে যিকোনো জটিল সমস্যাৰ সমাধান কৰিব পাৰি। তেনেহ'লে সমস্যা সমাধানৰ আন্তৰিকতাপূৰ্ণ আগ্ৰহৰ অভাৱ কিয় দেখা গল ?

    এনে এক ভয়ংকৰ পৰিৱেশৰ মাজতেই সমগ্ৰ বিশ্বত কৰ'ণা মহামাৰীয়ে সংহাৰী ৰূপ লবলৈ আৰম্ভ কৰিলে। শিক্ষা, অৰ্থনীতি, বাণিজ্য আদি প্ৰতিটো দিশতেই ইতিমধ্যে অসমৰ কামিহাড় ভাঙিবলৈ আৰম্ভ কৰোঁতেই কৰ'ণাই সমগ্ৰ বিশ্ব তথা ভাৰতবাসীৰ লগতে অসমৰ জনসাধাৰণৰ ৰাজহাড় ভাঙি পেলালে। আন্দোলনৰ নামত প্ৰায় তিনি মাহ আৰু কৰ'ণাৰ নামত ইতিমধ্যে মহামূল্যৱান প্ৰায় পাঁচ মাহ (এতিয়ালৈকে মুঠ আঠমাহ) আমি হেৰুৱালো। কৰ'ণাই সকলোকে গৃহবন্দী কৰিলে। আন্দোলন স্বাভাৱিকতেই বন্ধ হৈ পৰিল।

    কৰ'ণাই মানুহক মানুহৰ পৰা আঁতৰত থাকিবলৈ বাধ্য কৰালে, কেতিয়াও নেদেখা নুশুনা লক ডাউনৰ লগত আমাক চিনাকি কৰাই দিলে, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আমাক বাধ্য কৰালে। এই সময়তো জনসাধাৰণৰ কিমান আলৈ আথানি হ'ল সেয়া কল্পনাতীত।

    এনে বিপৰ্যয়ৰ সময়তেই ভূতৰ ওপৰত দানহ পৰা দি আহিল বানপানীৰ সমস্যা। হাজাৰ হাজাৰ লোক ৰাতিটোৰ ভিতৰতে গৃহহীন হৈ পৰিল। কণ কণ ল'ৰা-ছোৱালীহঁতৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। কৰ'ণাৰ বাবে বৰ্তমান বিদ্যালয় বন্ধ হৈ আছে যদিও অকণিহঁতে ঘৰতে পাঠ্যপুথি উলিয়াই পঢ়িবলৈ লৈছিল। কিন্তু বানে আহি সিহঁতৰ মৰমৰ পাঠ্যপুথি কেইখনো উটুৱাই লৈ গ'ল।

    এনেবোৰ জটিলতা দেখি মনত এনে ভাৱ হয় যেন আমি সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে সমস্যাৰ লগত সহবাস কৰিবলৈ  লৈছো বা বাধ্য হৈছো । যাৰ ফলস্বৰূপে আমাৰ মাজত লাহে লাহে আন্তৰিকতাবোৰ হেৰাই গৈছে, আমি আত্মকেন্দ্ৰীক হৈ পৰিছো, যেন সকলোৰে কেৱল নিজৰ পৰিয়ালটোকলৈহে চিন্তা কৰিবলে আৰম্ভ কৰিছো। ফলত ক্ৰমাগত ভাৱে আমাৰ মাজৰ পৰা মানৱীয় প্ৰমূল্যবোৰ হেৰাই গৈছে। কিন্তু আমি মনত ৰখা উচিত যে কিছু আন্তৰিকতা, আগ্ৰহ, সাহস তথা সততাৰ জৰিয়তে আমি সমস্যাবোৰৰ সম্পূৰ্ণ সমাধান কৰিব নোৱাৰিলেও ইয়াৰ ভয়াবহতা হ্ৰাস কৰিব পাৰোঁ। আহকচোন, আমি বুজা বুজিৰে হাতত হাত ধৰি আগুৱাই যাওঁ, এজনে আনজনৰ সমস্যাবোৰক আন্তৰিকতাৰে বুজিবলৈ চেষ্টা কৰোঁ। এখন সুন্দৰ দেশ গঢ়াত অৰিহনা যোগাওঁ।


হেমেন নাথ
সম্পাদক
(9678696861)
অঙ্গন, পষেকীয়া ই-আলোচনী


পৃষ্ঠাঃ ৬

সম্পাদকলৈ চিঠিঃ


 অতি সুন্দৰ পৰিকল্পনাৰে সজ্জিত অংকুৰণ প্ৰকাশনৰ  এখনি 'ই' আলোচনী 'অঙ্গন' অসমীয়া সাহিত্যৰ ভড়াললৈ এক অনন্য উপহাৰ ৷ এগৰাকী সহৃদয় পঢূৱৈ হিচাপে  আলোচনীখনৰ ওপৰত  মোৰ ব্যক্তিগত অনুভৱ প্ৰকাশ কৰিবলৈ মাথোন সামান্যতম প্ৰয়াসহে কৰিছো ৷ সুন্দৰ লেখনি, জ্ঞানৰ সফুঁৰা, শব্দৰ সাজোন আদি শিতানসমূহ আলোচনী খনৰ অতিশয় মনোগ্ৰাহী হৈছে ৷ সাহিত্যৰ বিভিন্ন অংগ  গল্প, প্ৰবন্ধ, চুটিগল্প, কবিতা আদিৰে  অলংকৃত আলোচনীখনিয়ে  অতি কম সময়ৰ ভিতৰতে পাঠকৰ হৃদয় জয় কৰিবলৈ সমৰ্থ হ'ব ৷ আৰ্কষণীয় তথা আটকধুনীয়া বেটুপাতে  আলোচনীখনক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে ৷ আলোচনীখনৰ  'ৰেচিপি'ৰ দৰে শিতানসমূহে  মোৰ দৰে গৃহিণীসকলক উপকৃত কৰিব ৷ অতি কম সময় আৰু কম খৰচতে পাঠকৰ উপযোগী হোৱাকৈ প্ৰকাশ কৰা এনে এখন আলোচনীৰ উপযোগিতা সাম্প্ৰতিক সময়ত উলাই কৰিব নোৱাৰি ৷ 
শেষত অঙ্গনৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু লগতে আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ৷

পল্লৱী বৰা
যোৰহাট



পৃষ্ঠাঃ ৭

প্ৰৱন্ধঃ

মহামাৰী কৰ'না (ক'ভিড-১৯)


অনিমা বৰঠাকুৰ
যোৰহাট


সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যতো ত্ৰাসৰ সৃষ্টি কৰিছে এই মহামাৰী কৰ'ণাই ৷ বিশ্ব স্বাস্থ্য সংস্থাই (ডব্লিউ এইছ অ') কভিড-১৯ নাম দিয়া এই মাৰাত্মক  বীজাণুৱে আজি সমগ্ৰ বিশ্বৰ মানৱ জাতিলৈ নমাই আনিছে এক অন্ধকাৰ ভৱিষ্যৎ ৷ এই বীজাণুৰ উৎপত্তি স্থল হ'ল চীনৰ হুৱেই প্ৰদেশৰ ৰাজধানী 'য়ুহান' ৷ কৰ'ণা ভাইৰাছ সংক্ৰমিত হয় মানুহৰ মুখ বা নাকৰ পৰা ওলোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ পৰা ৷
দেশত বৰ্তমান সময়ত অ'নিয়ন্ত্ৰিত ৰূপ লৈছে কৰ'ণা ভাইৰাছে ৷ সেয়েহে আমি প্ৰত্যেকেই সকলো সময়তে সচেতনতা অৱলম্বন কৰি চলা-ফুৰা কৰা উচিত ৷ 'হেণ্ড চেনিটাইজাৰ ' বা চাবোনে সঘনাই হাত ধোৱা, মাস্ক পিন্ধা, হাত-মোজা আদি পিন্ধি নিজক সুৰক্ষিত কৰিহে ঘৰৰ পৰা বাহিৰত যাব লগা হ'লে যাব লাগে ৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত য়ুহান চহৰত উৎপত্তি হোৱা এই কৰ'ণা ভাইৰাছ, অতি কমদিনৰ ভিতৰতে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে ৷ চীন দেশৰ য়ুহান চহৰৰ পৰা অহা কেৰেলাৰ এজন ছাত্ৰৰ দেহত ধৰা পৰে কৰ'ণা পজিটিভ(কভিড-১৯) ৩০ জানুৱাৰীত আৰু তেতিয়াই যদি চৰকাৰে আন্ত:ৰাষ্টীয় বিমান পৰিবহণৰ ক্ষেত্ৰত লকডাউন ব্যৱস্থা আৰম্ভ কৰিলেহেঁতেন  তেতিয়া হয়তু এই মহামাৰীয়ে কালৰূপ ধাৰণ নকৰিলে হেঁতেন ৷ ভাৰত চৰকাৰে লকডাউন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ২০২০ চনৰ ২৪ মাৰ্চত ৰাতি বাৰ বজাৰ পৰা পৰ্য্যায়ক্ৰমে বৃদ্ধি কৰি গৈছে লকডাউন প্ৰক্ৰিয়া ৷
বৰ্তমান সময়ত (এই নিবন্ধটো লেখাৰ সময়লৈ) ভাৰতত আক্ৰান্তৰ  সংখ্যা ১২ লাখ ৩৯ হাজাৰ ৷ দ্ৰুতগতিত বৃদ্ধি পাইছে ভাৰতত কৰ'ণা সংক্ৰমণ ৷ মৃতকৰ সংখ্যা প্ৰায় ৩০ হাজাৰলৈ বৃদ্ধি ৷ অসমতো ভয়াবহ ৰূপত কৰ'ণা সংক্ৰমণ অব্যাহত আছে ৷ অসমত আক্ৰান্তৰ সংখ্যা বৰ্তমান ২৭,৭৪৪ লৈ বৃদ্ধি  হৈছে আৰু মৃতকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি হৈছে ৷ কৰ'ণাৰ মহামাৰীৰ বাবে দেশৰ লগতে অসমতো লকডাউন দিয়া হৈছে আৰু এই লকডাউন আমি সকলোৱে মানি চলি সামাজিক সমক্ৰমণৰ পৰা নিজকে আৰু জনসাধাৰণক কেনেকৈ সুৰক্ষিত কৰিব পাৰো তাৰ বাবে চৰকাৰ সকলো নীতি-নিৰ্দেশনা মানি চলিবলৈ চেষ্টা কৰা উচিত ৷ কৰ'ণা মহামাৰীয়ে কিমান অমূল্য জীৱন আমাৰ মাজৰ পৰা কাঢ়ি নিছে ৷ কিমান পৰিয়াল নি:শেষ হৈ গৈছে ৷ অৱশ্যে লকডাউনে আমাৰ সমাজ জীৱনত  সমস্যাৰ সৃষ্টি নকৰা নহয় ৷ জীয়াই থাকিবৰ বাবে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰাৰ প্ৰয়োজন।
লকডাউনে আমাৰ খাটি খোৱা মানুহখিনিৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিছে ৷ নিবনুৱা সমস্যা বৃদ্ধি, যাতায়ত, ব্যৱসায়-বাণিজ্য, উদ্যোগ, আলোচনী, বাতৰি-কাকত আদিৰ প্ৰকাশৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰি অৰ্থনৈতিক সমস্যাৰ উৎপন্ন কৰিছে ৷ যাৰ ফলত বহুতো আলোচনী, বাতৰি কাকত আদি আমি পঢ়িবলৈ  নোপোৱা হৈছো ৷ অভিভাৱক সকলো চিন্তিত হৈ পৰিছে সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত হোৱা সমস্যাবোৰৰ বাবে ৷ কৰ'ণা মহামাৰীয়ে স্বাস্থ্যৰ বাদেও আমাৰ বিভিন্ন সমস্যাৰ ওপৰতো মহামাৰী ৰূপেই লৈছে ৷ এক অনিশ্চিত ভৱিষ্যতক লৈ আমি সকলোবোৰ চিন্তিত হৈ পৰিছো ৷ অসমৰ স্বাস্থ্যমন্ত্ৰী আৰু চিকিৎসক, নাৰ্চ আৰু চিকিৎসা বৃত্তিৰ লগত জড়িত বিভিন্ন কৰ্মত নিয়োজিত কৰ্মীসকলৰ ঐক্যবৰ্দ্ধ প্ৰচেষ্টা, ত্যাগ, কষ্ট আদিক আমি সন্মান জনোৱা উচিত ৷ বহুজন চিকিৎসক, কৰ্মচাৰী(স্বাস্থ্য বিভাগৰ) কৰ'ণাত আক্ৰান্ত হৈছে আৰু কেইবাজনো চিকিৎসকৰ মৃত্যুও হৈছে ৷





পৃষ্ঠাঃ ৮


যোৱা ছেপ্তেম্বৰ মাহতে 'বিশ্ব স্বাস্থ্য সংস্থা' আৰু আন্ত:ৰাষ্টীয় সংস্থাই সমগ্ৰ বিশ্বকে এক সৰ্তকবাণী শুনাইছিল  আৰু কোৱা হৈছিল বিশ্বত অতি সোনকালে এটা নতুন ভাইৰাছ সংক্ৰমণ হ'ব আৰু ৩৬ ঘণ্টাৰ ভিতৰত এই ফ্লুত কোটি কোটি মানুহ আক্ৰান্ত হ'ব আৰু বহু লোকৰ মৃত্যু হ'ব ৷ এই সৰ্তক বাণীত কৈছিল যে এই ভাইৰাছ নাক আৰু মুখৰ পৰা ওলোৱা কিছুমান সৰু সৰু কণাৰ জৰিয়তে সংক্ৰমিত হ'ব আৰু বিশ্বৰ প্ৰায় ৫% অৰ্থনীতিৰ ক্ষতি কৰিব ৷ কিন্তু এই প্ৰতিবেদনখনক গুৰুত্ব প্ৰদান কৰি বিশ্ব স্বাস্থ্য সংস্থা সেৱা সংগঠনৰ সঞ্চালক প্ৰধান "ট্ৰেডেছ অড হানম গেব্লে-য়েছুছেও" সতৰ্কবাণী শুনাইছিল বিভিন্ন দেশৰ চৰকাৰ সমূহক ৷ কিন্তু অতি পৰিতাপৰ কথা এইটো যে কোনেও এই সৰ্তকবাণীক গুৰুত্ব নিদিলে আৰু এতিয়া ইয়াৰ ফল ভোগ কৰিবলগীয়া হৈছে সমগ্ৰ বিশ্বৰ কোটি কোটি জনতাই ৷ প্ৰতি এশ বছৰৰ মূৰে মূৰে পৃথিৱীক একো একোটা মহামাৰীয়ে আক্ৰমণ কৰি আহিছে ৷ এই মহামাৰীৰ ভিতৰতে পৰে এই কৰ'ণা ভাইৰাছ ৷ 
এই পাৰ হৈ যোৱা  মহামাৰীবোৰ হৈছে -১৭২০ চনৰ প্লেগ মহামাৰী,১৮২০ চনত কলেৰা মহামাৰী,১৯২০ চনত গাল ভেষ্টন প্লেগ আৰু 
স্পেনিছ ফ্লু,১৯৫৭ চনত এছিয়ান ইনফ্লুয়েঞ্জা,১৯৬৮ হং কম তপ্লু,১৯৯৭ বাৰ্ড ফ্লু -বৰ্তমানো এই ভাইৰাছবিধ আছে আৰু ২০০৩-২০০৪ বৰ্ষত বহুতো চৰাইৰ মৃত্যু হৈছিল বাৰ্ড ফ্লু'ত ৷১৯৮১ চনৰ পৰা বৰ্তমানলৈকে এইডছৰ ভাইৰাছ আছে ৷ ২০০৯ চনৰ পৰা ছোৱাইন ফ্লু বৰ্তমানলৈ আছে ৷ ২০১৪-২০১৬ চনলৈকে ইবলা ভাইৰাছ আৰু বৰ্তমান সময়ত ত্ৰাসৰ সৃষ্টি কৰি আছে এই কৰ'ণা ভাইৰাছে ৷
এই কৰ'ণা ভাইৰাছৰ পৰা মুক্তি লাভ কৰিবৰ বাবে সমগ্ৰ বিশ্বই নতুন নতুন গৱেষণা অব্যাহত ৰাখিছে কভিড-১৯ ভেকচিন উদ্ভাৱনৰ ক্ষেত্ৰত কিছু পৰিমাণে সফলতা লাভ কৰিছে যদিও এই ভাইৰাছ নিমূৰ্লকাৰী দৰৱ ভেকচিন  বজাৰলৈ কেতয়া আহিব তাৰ সঠিক সময় এতিয়াও কোনেও দিব পৰা নাই ৷
বৰ্তমান সময়ত কভিড-১৯ যুঁজৰ এক প্ৰধান অস্ত্ৰ হৈ পৰিছে "প্লাজমা থেৰাপি"৷ বিশ্বৰ ভিন্ন প্ৰান্তত এই" প্লাজমা" থেৰাপিৰ জৰিয়তে চিকিৎসা প্ৰদান কৰি ভাল ফল লাভ কৰিছে বুলি চিকিৎসকসকলে জানিবলৈ দিছে ৷ অসমতো মাননীয় স্বাস্থ্যমন্ত্ৰীয়ে এই প্লাজমা থেৰাপিৰ জৰীয়তে কৰ'ণা ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ বিচাৰিছে ৷ ইতিমধ্যে দুজনমান ৰোগীৰ দেহত এই থেৰাপিৰে চিকিৎসা প্ৰদান কৰিছে বুলি আমি জানিব পাৰিছিলো মাননীয় স্বাস্থ্যমন্ত্ৰীৰ মুখেৰে ৷
স্বাস্থ্যমন্ত্ৰীজনে সুস্থ হৈ উঠা কৰ'ণাৰোগীসকলক এই ক্ষেত্ৰত সহায় কৰিবৰ বাবে আহ্বান জনাইছে প্লাজমা দান কৰিবৰ বাবে ৷ এজন সুস্থ ৰোগীৰ গাত তিনি মাহলৈকে এই প্ৰতিৰেধ ক্ষমতা থাকে ৷ এজনৰ প্লাজমাই দুজন কৰ'ণাৰোগী সুস্থ হৈ উঠিব পাৰে ৷ প্লাজমা থেৰাপি দান কৰা ব্যক্তিসকলক চৰকাৰী বিভিন্ন আচনিৰ সা-সুবিধা প্ৰদান কৰা হ'ব বুলিও কয় স্বাস্থ্যমন্ত্ৰীজনাই ৷ এই প্লাজমা থেৰাপি চিকিৎসা পদ্ধতি নতুন আমাৰ বহুজনৰ বাবে ৷ কিন্তু বিশ্বত ইয়াৰ প্ৰয়োগ কিন্তু নতুন নহয় ৷ 'ডিপথেৰিয়া' ৰোগত এই থেৰাপিৰ জৰিয়তে সুফল লাভ কৰিছিল ৷ ১৯০১ চনত জাৰ্মান চিকিৎসাক ' এমিল ভন বেৰিঙে নোবেল বঁটা লাভ কৰিছিল ৷ প্লাজমা চিকিৎসাৰ এই সফলতাৰ বাবে পাছলৈ এই পদ্ধতি "স্পেনিছ ফ্লু" ,ইব'লা আদি মহামাৰী ৰোধৰ বাবে প্ৰয়োগ কৰিছিল ৷ প্লাজমা থেৰাপিৰ জৰিয়তে ক'ভিড আক্ৰান্তই সুফল লাভ কৰিলেও বৰ্তমান " ক্লিনিকেল ট্ৰায়েন্সতেই আছে এই পদ্ধতি ৷ এই ক্ষেত্ৰত দিল্লীত ব্যাপক সঁহাৰি লাভ কৰিছে "প্লাজমা" চিকিৎসা পদ্ধতি ৷ দিল্লী আৰক্ষীয়ে শেহতীয়াকৈ  সংক্ৰমণৰ হাৰ কমাবৰ বাবে "প্লাজমা " ৱাৰিয়'ৰ্ছ" শীৰ্ষক এক  অভিযান আৰম্ভ কৰিছে আৰু ২,৫০০ জন বিষয়া,জোৱানে প্লাজমা দান কৰাৰ বাবে আগবাঢ়ি আহিছে ৷ ইতিমধ্যে ২৬ জনে দান কৰিছে প্লাজমা ৷ দেশত বৰ্তমান সময়লৈকে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হ'ল ৬৩,১৮ শতাংশ আৰু দেশৰ ভিতৰতে সকলোতকৈ অধিক সুস্থ হৈ উঠিছে কৰ'ণাৰোগী নতুন দিল্লীত ৷ সমগ্ৰ বিশ্বতে  কৰ'ণা মহামাৰীয়ে মানৱ জাতিৰ অপূৰণীয় ক্ষতিসাধন কৰিলে। সকলো দেশতে কভিড-১৯ৰ সকলো যোদ্ধা, আৰক্ষী, প্ৰশাসন, শিক্ষক, সংবাদকৰ্মী আদিয়ে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি বিভিন্ন ক্ষেত্ৰত থাকি দায়িত্ব পালন কৰি আহিছে আৰু সেইসকল নিৰৱ যোদ্ধাক আমি তেওঁলোকৰ ত্যাগক স্বীকৃতি দিবলৈ কুণ্ঠাবোধ কৰিব নালাগে ৷ কৰ'ণা ভাইৰাছ সঁচাকৈ অতি ভয়ংকৰ, এই ভাইৰাছে নামানে ধনী-দুখীয়া, জাত-পাতৰ বিচাৰ ৷ কৰ'ণাই ১৫ টা দিনৰ ভিতৰতে ঝৰখণ্ডৰ এটি আঢ্যবন্ত পৰিয়াল, মাতৃ, পাঁচজন পুত্ৰৰ মৃত্যু হ'ল ৷ কালৰূপী কৰ'ণাই এফালৰ পৰা যেন নি:শেষ কৰি গৈছে একো  একোটা পৰিয়াল, একোখন সুন্দৰ সংসাৰ ৷ এক কথাত ক'বলৈ গ'লে এই কৰ'ণা মহামাৰীয়ে আমাৰ দেশ তথা ৰাজ্য আৰু বিশ্বাবাসীক বহু পিছুৱাই লৈ গ'ল, প্ৰায় সকলো অৱস্থাই বিপৰ্য্যয়ৰ সন্মুখীন হ'ব লাগিব ৷ অনাগত ভৱিষ্যততো আধুনিক মানৱ সমাজত সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক দিশত এক সূদুৰ প্ৰসাৰী প্ৰভাৱ পেলাব ৷ সকলোৰে সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷ কৰ'ণা মহামাৰী বিশ্বৰ পৰা নি:শেষ কৰা ৷



পৃষ্ঠাঃ ৯

প্ৰৱন্ধঃ
সু ব্যৱহাৰ আৰু সুস্থ মন


ৰাজশ্ৰী বৰা
গোলাঘাট

"আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়"
 কথাষাৰ ব্যক্তিৰ পৰিচয় নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰায়ে ব্যবহৃত। ব্যৱহাৰে এজন ব্যক্তিৰ মানসিক অৱস্থাটো দাঙি ধৰে। আমি মানুহজনৰ লগত কথা পাতিয়ে মানুহজনৰ ব্যক্তিত্বৰ উমান লৈ তেওঁৰ বিষয়ে মতামত আগবঢ়াও। সু ব্যৱহাৰৰ অধিকাৰী জনক আমি প্ৰায়ে কওঁ যে মানুহজন বৰ  ভাল মনৰ। তেওঁ হৃদয়ত মলিনতা শূন্য আৰু মানুহজন আবেগিক ভাবে সুস্থ।
আজিকালি আমাৰ সমাজখনত এজনে আনজনক অতি সহজতেই দুৰ্ব্যৱহাৰ কৰা দেখা যায়। সৰু কথাতে এখন দণ্ডৰ সৃষ্টি হয় আৰু তেতিয়া বহুতৰ ব্যৱহাৰ অতি নিচ হয়। এতিয়া প্ৰশ্ন হয় যে মানুহৰ ব্যৱহাৰ অসৎ কেতিয়া হয়? কিয় এজন মানুহে আন এজনক দুৰ্ব্যৱহাৰ কৰে?
প্ৰকৃততে ব্যৱহাৰ আৰু মনৰ নিবিড় সম্পৰ্ক আছে। মনৰ এক শক্তি আছে। এই শক্তি ইমানেই প্ৰবল যে‌ ব্যক্তিৰ কৰ্মত ই প্ৰভাব বিস্তাৰ কৰিব পাৰে। ই তাৰ ভাল বেয়া গুণ ফুটাই তুলিবলৈ সক্ষম হয়। এই মনৰ ক্ৰিয়াতেই ভাল খিনি বেয়া আৰু বেয়া খিনি ভাললৈ ৰূপান্তৰ হয়। এই কথা এই বাবেই কৈছো যে আমি যেতিয়া সুখত থাকো অৰ্থাৎ যেতিয়া আমাৰ মানসিক অৱস্থাটো সুস্থিৰ হৈ থাকে, মনটো প্ৰফুল্লিত হৈ থাকে আমাৰ মুখমণ্ডলত শ্ৰী বৃদ্ধি হয়, সৌন্দৰ্যৰ জিলিকনি ভাহে আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ সৎ আবেগসমূহৰ প্ৰকাশ ঘটে। আমি সকলোকে স্নেহ কৰিব পাৰো, মৰমত মাত বোল কৰোঁ তথা  সকলোকে নিজৰ বুলি আদৰি ল'ব পাৰো। এই সকলোখিনি  সুস্থ মানসিক অৱস্থাত কৰা যায়। এই সকলোবোৰ বিপৰীত হ'ব যেতিয়া আমাৰ মনটো ৰুগীয়া হ'ব। মনৰ ভালখিনি হেৰাই যায় যদিহে মনটো কিবা কাৰণত অশান্ত হৈ থাকে। মানসিক অশান্তিৰ বাবেই ব্যক্তিৰ ব্যৱহাৰত আচৰিত ক্ৰিয়াৰ প্ৰতিফলন ঘটে।
এইখিনিতে এটা কথাই আকৌ আমনি কৰে। সেয়া হৈছে যে মানুহৰ মানসিক অৱস্থা অসুস্থ কেতিয়া হয় ? জীৱনৰ কোনখিনি সময়ত মনটোত ৰোগৰ জন্ম হয় ?
বেমাৰ এটা এদিনতে জন্ম নহয়। ৰোগৰ লক্ষণ দেখা দিবলৈ কিছু সময়ৰ আৱশ্যক হয়। ঠিক একেদৰে মনটোৰ অস্থিৰতা পৰিস্ফুত হ'বলৈ প্ৰকৃত সময়ৰ প্ৰয়োজন হয়। অৰ্থাৎ মনটোৰ দুৰ্বলতা তাৎক্ষণিকভাবে ধৰা নপৰে। একেদৰে মনটো হতাশ, দুৰ্বল লাহে লাহে হয়।
শৈশৱৰ পৰাই আমাৰ মানসিক অৱস্থাটো গঢ় লয়। প্ৰথমে আমাৰ ঘৰখনৰ পৰিৱেশটোৱে ইয়াক প্ৰভাৱান্বিত কৰে। পৰিয়ালৰ সদস্যসমূহৰ আচৰণে শিশু সুলভ মনটোক কি ভাল কি বেয়া তাৰ উমান ল'বলৈ শিকায়। পিতৃ মাতৃৰ ব্যৱহাৰ, তেওঁলোকৰ চিন্তন, কাৰ্যকলাপে শিশুৰ মানসিক দিশত গভীৰ ৰেখা অংকন কৰে। দ্বিতীয়তে পিতৃ মাতৃৰ দৰে কথাবোৰ ভাবিবলৈ শিকে। এয়া অৱশ্যে সময় সাপেক্ষে ধৰা পৰে। পৰৱৰ্তী সময়ত বিদ্যালয়, লগৰীয়া আৰু সামাজিক পৰিৱেশে মনটো দৃঢ় কৰাত সহায় কৰে। আমি  নজনাকৈ শৈশৱতে আমাৰ মনটোৱে বহু অভ্যাস লৈ লয়। এইবোৰে পিছত ক্ৰিয়া কৰে যেতিয়া এটা শিশু অশান্ত পৰিৱেশত ডাঙৰ হয়, পিতৃ মাতৃৰ সংঘাত দেখি ডাঙৰ হয়, তেতিয়া শিশুটো মানসিক ভাবে অস্থিৰ, দুৰ্বল আৰু ৰুগীয়া হয়। তেনে শিশুৱে ডাঙৰ হৈ আবেগবোৰক সংযত কৰিব নোৱাৰি অসৎ আচৰণ কৰে, বহু সময়ত নিজৰে ক্ষতি কৰে। ইয়াৰ মূলতঃ মনটোৰ অসুস্থতা।
আমি সহজতে কৈ দিওঁ মানুহজনৰ ব্যৱহাৰ অতি নীচ। কিন্তু তেনে ব্যৱহাৰৰ আঁৰত কি কাৰণ আছে সেয়া জানো ভাবি চাওঁ! বা তেওঁৰ মানসিক অৱস্থাৰ বুজ ল'বলৈ বিচাৰোঁ? এয়া আমাৰ কাম নহয় ? কিন্তু এবাৰ যদি বুজি লওঁ, ভাবি চাবলৈ শিকো তেনেহলে অসৎ ব্যৱহাৰ কৰা মনটোক আমি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰিম, আমি মনৰ ৰোগ নিমূল কৰিব পাৰিম। শৈশৱতে আমি মনটোক ধুনীয়া খিনি লৈ সুন্দৰৰ আৰাধনা কৰিবলৈ শিকাব পাৰিম।
তেতিয়া ব্যৱহাৰ নিজে নিজে উন্নত , হৃদয়স্পৰ্শী হৈ উঠিব।তেতিয়া হয়তো কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানৰ পৰা জীৱিত অৱস্থাত মানসিক কষ্ট নাপাব। আমি সকলোৱে সুস্থ মন গঠনত গুৰুত্ব দিয়া উচিত। কাৰণ মন অসুস্থ মানে জীৱনৰ প্ৰতিক্ষণ যন্ত্ৰণাময়।
শিক্ষাৰ ঘাই বিষয়টোৱেই হৈছে "এটা সুস্থ দেহত সুস্থ মনৰ বিকাশ সাধন কৰা।" এই ক্ষেত্ৰত ভলটেয়ৰে কোৱা এশাৰী পৃথিৱী বিখ্যাত উক্তি মনলৈ আহিছে। তেওঁ কৈছিল, "যদি আত্মহত্যা কৰিব নোখোজা, তেন্তে এখন ফুলৰ বাগিচা পাতি লৈ সকলো সময়তে তাত কামত লাগি থাকিবা।" ভল‌্তেয়ৰৰ এই কথাষাৰীয়ে প্ৰত্যক্ষভাবে আমাক ইয়াকেই কৈছে যে ভাল কামে আমাৰ মনক সুস্থ কৰি ৰাখে। আহকচোন আমি ভাল কামৰ জৰিয়তে নিজৰ সুস্থ মনৰ পৰিচয় দিওঁ, প্ৰকৃতাৰ্থত আমি শিক্ষিত হৈ পৰোঁ।


পৃষ্ঠাঃ ১০


ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন


দুৰ্গেশ্বৰ শইকীয়া
মাজুলী

এক

শুকান সুঁতি, শুকান সুঁতি এখন নদীৰ নাম। বৈ আছে আপোন মনে অাৱহমান কালৰে পৰা। মাজুলীৰ বুকুৱেদি দুটি নামেৰে ।উজনিত শুকান সুঁতি, নামনিত টুনি। শুকান সুঁতিৰ বুকুত ঠাঁহ খাই আছে ইতিহাস আৰথ কিংবদন্তিৰ মেটমৰা সম্ভাৰ।শুকান সুঁতি কাষৰীয়া মানুহবোৰৰ বুকুৰ আপোন।জাল, বৰশী, পলৰে মাছ ধৰা, পাৰৰ পথাৰত খেতি কৰা, গৰু চৰোৱা, সাঁতুৰি নাদুৰি ওমলা অলেখ কামৰে উৎস এই নদী। শুকান সুঁতি সাক্ষী বহু উৎথান পতনৰ, বহু ঘটনা পৰিঘটনাৰ। য়াৰ পাৰতে শ্যামলীমা ভকতিদুৱাৰ, জোঠাচাপৰি, চিৰাম দেউৰী আদি গাঁও। বহু যুগৰ আগতে সুদূৰ শদিয়াৰ পৰা ভটিয়াই অহা দেউৰীসকলৰ ডিবঙীয়া ফৈদৰ দুখন গাঁও ইয়াৰ পাৰতে। দূৰৈৰ পৰাই চকুত পৰে আছুতীয়াকৈ শুকান সুঁতিৰ পাৰতে অৱস্থিত গোঁসানী শালৰ সুউচ্চ কলচী।ভিন্ন গোষ্ঠীৰ হ'লেও এই নৈ পৰীয়া গাঁৱৰ মানুহবোৰৰ মাজত আছে এক কৌটিকলিয়া চেনেহ প্ৰীতিৰ বান্ধোন। ইখিনিয়ে সিখিনিৰ দুখ সুখৰ খবৰ লয়। উৎসৱ পাৰ্বণে, খেতিয়ে পথাৰে মিলিত হয় এক নিকঞ্জাল শান্তিৰ পৰিৱেশ। মানুহবোৰো সহজ সৰল অতিথি পৰায়ণ।শিক্ষা দীক্ষাৰ প্ৰতিও আগ্ৰহী হৈ ক্ৰমান্বয়ে খোজ মিলাইছে সময়ৰ লগত।
           সন্ধিয়া বেলিয়ে পশ্চিম আকাশত বুৰ মাৰিবলৈ সাজু হৈছে। সুৰ্যাস্তৰ প্ৰাক্ ক্ষণৰ এক মোহনীয় হিৰণ্ময় আভাই শুকান সুঁতি আৰু ইয়াৰ দুয়ো পাৰক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। বৰশীৰ পুঙাটোত গভীৰ মনোযোগ দি নৈখনৰ কেঁকুৰীটোত ওখ টিমনাটোত থকা চটিয়না জোপাৰ তলত বহি ধ্যান মগ্ন হৈ আছে মোহন। কাষৰীয়া ভকতি দুৱাধ গাঁৱৰ পাহোৱাল আগৰণুৱা ডেকা। বেলি লহিয়াবলৈ ধৰাৰ পৰা গৰু হাল এৰালৰ পৰা খুলি আন্ধাৰ হোৱাৰ পৰলৈকে এই ঠাইতে বৰশী বোৱাটো তাৰ বহু দিনীয়া অভ্যাস। প্ৰতি সন্ধিয়াৰ বাবে বৰশীবোৱা বতৰত কান্ধুলি, কাৱৈ, মাগুৰ, দুটামান যোগাৰ কৰাৰ উপৰিও তাৰ এই কাৰ্যৰ আঁৰত থাকে বহুতো বয়সে বিচৰা মাধুৰ্য। সিপাৰেদি দেউৰী গাঁৱৰ তাৰ সমনীয়া কানাই, ডিৱৰাম, বাপুধৰহঁতৰ লগতে দিনান্তৰ ঘৰলৈ ওভতা নুমৈচী, লাহতী, ৰাঙলীহঁতৰ লগত চুপতি মাৰি মন জুৰোৱা, বাৰটা মাহৰ তেৰটা খেতিৰে পথাৰৰ লগত নীবিড় সম্পৰ্ক ৰখা। গাঁৱৰ ডেকামখাৰ লগত বিহু ভাওনা খেতিৰ কথা পতা, ওচৰৰ গাঁৱৰ ডেকা হঁতৰ লগত অঞ্চলৰ বিষয়ে কথা পতা এইবোৰ মোহন হঁতৰ লগত হাঁহি তামচা কৰাৰ আঁৰত থাকে মনে বিচৰা গাভৰুজনীক আৰ্কষণ কৰা।তদুপৰি সিঁহতৰ মাজত থকা সম্প্ৰীতিৰ এনাজৰীডালো যেন এনেকৈয়ে মজবুত হয়।অফুৰন্ত হাঁহিৰে পাৰ হয় নৈ পৰীয়া ডেকা গাভৰু হঁতৰ প্ৰাত্যহিক জীৱন। জীৱনলৈ আহে পৰিৱৰ্তনৰ ঢৌ।
বৰশীটো সামৰি বেতৰ সুত ডালত চিলাই থোৱা মাছ কেইটা লৈ গৰু কেইটাৰ ফালে খোজ পেলাইছিল মোহনে।তেনেতে নৈৰ সিপাৰেদি পথাৰৰ পৰা ঘৰলৈ ওভতা গাভৰু জাকৰ মাজৰ পৰা নুমৈচীয়ে তাক জোকাবলৈ মৰা চিঞৰিটো আহি তাৰ কাণত পৰিলহি ঐ ভতৰা চেউৰীবোৰ গোহালিত সোমালহি। এতিয়ালৈ কাৰ মূৰটো কৰি আছ ? সিঁহতৰ ফালে চাই সিও টপৰাই উত্তৰ ঘূৰালেৱ "এসোপা সোমালহি, পিছে এসোপা চোন এতিয়াও আহিয়ে আছে"! খিলখিলা হাঁহি সিঁহত আৰু আগবাঢ়ি গৈ থকাৰ পৰা লাহতীয়ে আকৌ চিঞৰিলে ঐ জহনী মৰা।আহি থকা জাকৰ আগত যে আৰু এগাল ভতৰা গৈ আছে চকু দিচ নে নাই ? মৰিবি খোচা খুচি কৰি এই জাকত চকু দিলে "তাই আগত গৈ থকা ডেকা মাখাক ইংগিত কৰি কোৱা কথাষাৰত পুনৰ গোটেই জাকে গিজনি মাৰি হাঁহিবলৈ ধৰিলে। ডেকা জাকৰ মাজৰ পৰা এইবাৰ বুদুয়ে ৰিঙিয়াই ভয় নাই অ'।আমাৰ মোহন ভতৰাৰ চকু চবতে পৰিলেও এঠাইতেই মনটো এঠা লগাদি লাগি ধৰে।খোচা খোচি কৰি মৰাৰ ভয় নাই। আকৌ সিঁহতৰ গিৰ্জনি মৰা হাঁহিত শুকান সুঁতি পাৰ মুখৰিত হৈ উঠিল। মোহনৰ লগত গাঁৱৰে গাভৰু স্বপ্নাৰ যে মন দিয়া নিয়া আছে তাকেই বুদুয়ে ইংগিত কৰিলে। নৈ পৰীয়া গাঁও কেইখনৰ এই ডেকা-গাভৰুহঁতৰ গোপন অভিসাৰৰ কাহিনী সিঁহত প্ৰত্যেকৰ নখ দৰ্পণত। সিঁহত হাঁহি খিকিন্দালি কৰি কৰি গাঁৱৰ প্ৰায় ওচৰ পালেগৈয়ে।
     মোহনে এৰালৰ পৰা গৰু হাল খুলি লৈ ঘৰমুৱা হ'ল।হেঙুলীয়া ৰংবোৰ সামৰি সুতুৰি সুৰুযটোৱেও দিগন্তত হেৰাই  যোৱাৰ ভালে খিনিপৰ হ'ল। চৰাইবোৰেও কিচিৰ মিচিৰ কৰি থাকি নৈৰ পাৰৰ নলনীখনত বহু সময়ৰ আগতে তাপ মাৰিলে। পাতল আন্ধাৰৰ আম্বাদন এখন শুকান সুঁতিৰ দুয়ো পাৰলৈ নামি আহিছিল তেতিয়া নিমজ পৰিছিল চঞ্চলা নৈৰ দুয়োটি পাৰ। (আগলৈ)



পৃষ্ঠাঃ ১১

চুটি উপন্যাসঃ

অনুতপ্ত

বৃষ্টি বৰুৱা


(১)
                              
            "চেলিব্ৰিটী ৰ দৰে চেহেৰা লৈ কাম নাইকীয়া মানুহৰ দৰে সমাজ সেৱা কৰি মোৰ লগত  সংসাৰ পাতি মোৰ প্ৰয়োজন বোৰ পূৰাব পাৰিম বুলি কি দৰে ভাবিলা ? ভুলটো পিছে মোৰেই, চেলিব্ৰিটী ৰ দৰে চেহেৰা দেখি ভাবিলো টেলেন্টো চাগে চেলিব্ৰিটী ৰ দৰেই হ'ব। সেইকাৰণে তোমাৰ লগত সংসাৰ কৰাৰ সপোন দেখিছিলো। কিন্তু এতিয়া সেই ভুলটো ম‌ই শুধৰাম। অহা ব'হাগত মোৰ বিয়া। এইখন বিয়াৰ কাৰ্ড, পাৰিলে বিয়ালৈ যাবা। তাক একো এটা কোৱাৰ সুবিধা নিদি বিয়াৰ কাৰ্ড খন জোৰকৈ হাতত তুলি দি তাই ভোৰ ভোৱাই গুচি গ'ল । সি কেৱল একেথৰে বিয়াৰ কাৰ্ড খনলৈ চাই থাকিল।

ঘেৰৰৰৰ.... ঘেৰৰৰ...
      পেপাৰ খনকে পঢ়ো বুলি ভিতৰৰ পৰা চকীখন চোঁচৰাই চোঁচৰাই আগচোতাল পালেহি ৰিতি । মাকে সদায় তাইক চকী চোঁচৰাবলৈ মানা কৰে । চোঁচৰাওঁতে হোৱা শব্দটো হেনো মাকে ভাল নাপায়। ৰিতিৰ হাঁহি উঠি গ'ল নিজৰ কাৰণে । এই একেটা স্বভাৱৰ কাৰণে তাই সৰুৰ পৰা এতিয়ালৈকে মাকৰ গালি শুনিছে , তথাপিও তাই নিজৰ এইটো স্বভাৱ সলনি কৰিব পৰা নাই। চূৰ্ণীখনেৰে মূখখন আকৌ এবাৰ ভালকৈ ঢাকি ল'লে তাই। এই দুবছৰে বহুত শুনিলে মানুহৰ পৰা, বহুত কান্দিলে, বহুত সহ্য কৰিলে আৰু ধৈৰ্য্য নাই তাইৰ ৷ সেয়েহে আজিকালি প্ৰায়ে তাই চূৰ্ণী এখনেৰে নিজৰ আধা চেহেৰা ঢাকি ৰাখে। নিবিচাৰে তাই কোনোবাই তাইৰ সেই ৰূপ দেখি ভয় খাওঁক, তাইক পুতৌ কৰক। দুবছৰৰ আগৰ সেই অভিশপ্ত দিনটোলৈ মনত পৰিলে আজিও বুকু কঁপে ৰিতিৰ। 

"ৰিতি বা চাহ ল‌ওঁক?" - ঘৰৰ কাম কৰা ছোৱালী তথা ৰিতিৰ মৰমৰ বান্ধৱী কমলাই মতা মাতষাৰত হে ৰিতিৰ ভাৱনাত যতি পৰিল। চাহকাপত চুমুক এটা মাৰি পেপাৰ খন মেলি ল'লে তাই। কিন্তু, এয়া কি!....প্ৰথম পৃষ্ঠাৰ হেডলাইনটোত চকু পৰাত তাই ঠাইতে থৰ লাগিল।
     কি দেখিছে তাই এয়া!! তাই নিজৰ চকুকে যেন বিশ্বাস কৰিব পৰা নাই। প্ৰায় দুবছৰ আগত যথেষ্ট উচ্চাকাংক্ষী ৰিতিয়ে আভিজাত্যৰ খাতিৰত যিটো ল'ৰাক মানৱ সেৱাৰ কামেৰে তাইৰ সেই উচ্চাকাংক্ষাক পূৰণ কৰিব নোৱাৰিব বুলি ভাবি অপমান কৰি থৈ আহিছিল সেই ল'ৰাটোয়ে আজি নিজৰ কাম আৰু যোগ্যতাৰে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। হয়...হয়...এয়া অনুজেই হয়। সিহঁতৰ এন জি অ' টোৱে ৰাষ্ট্ৰপতিৰ পদক পাইছে আৰু এয়া কি ? অনুজে চোন সাহসিকতাৰ বঁটা ও পাইছে। ৰিতিয়ে হাঁহিব‌ই নে কান্দিব‌ তাইৰ তেনেকুৱা অৱস্থা হ'ল। যিটো ল'ৰাৰ হৃদয়খনে তাই চূৰমাৰ কৰি থৈ আহিছিল সেই মানুহটোৰ অন্তৰত যে ইমান মানৱীয়তা গুণ সোমাই আছে সেয়া তাই ভাবিবও পৰা নাছিল। তাই নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ ভালপোৱাকে বচাব নোৱাৰিলে আৰু সি নিজৰ প্ৰাণ ৰ কথা চিন্তা নকৰি আনৰ প্ৰাণ ৰক্ষাৰ কাৰণে ইমান খিনি কৰিলে। 
      ৰিতিৰ নিজকে বহুত নীচ, ঠেক মনোবৃত্তিৰ যেন লাগিব ধৰিলে। প্ৰচণ্ড ঘৃণা উপজিল তাইৰ নিজৰ ওপৰতে। তাই আৰু ভাৱিব নোৱাৰা হৈ পৰিল ৷ চকীখনতে লাহেকৈ আওজি দিলে, লাহে লাহে তাইৰ চকুৰ পতা কেইটা জাপ খাই আহিল....লাহে লাহে যেন ৰাতিপুৱাৰ আকাশখন ক'লা হৈ আহিছে, সকলোফালে কেৱল আন্ধাৰ.... আন্ধাৰ...... এখন ধুনীয়া ফুলনি বাগিছা, সকলোফালে কেৱল ধুনীয়া ধুনীয়া ফুলৰ সমাহাৰ, নানা ৰঙৰ ফুলৰ যেন মেলাহে। সকলোফালেই যেন সুখেই সুখ.... ফুলনি ৰ মাজত এজনী ছোৱালী, ছোৱালীজনীৰ চেহেৰা টো ৰিতিৰ কিবা চিনাকি চিনাকি লাগিল। ক'ৰবাত যেন দেখিছে তাইক, কিন্তু ক'ত ? !!!
    ছোৱালীজনীয়ে এপাহ বৰ ধুনীয়া ফুল ছিঙিবলৈ হাত মেলিছে, কিন্তু ঢুকি নাপায় হে নাপায়, যিমানেই ফুলজোপালৈ হাত মেলিছে সিমানেই ফুল জোপা চোন কিবা কাঁইটীয়া হৈ গৈ আছে। কিন্তু, ই কি ? কাঁইটবোৰ চোন তাইৰ ফালে উৰি আহিছে, কোনোবাই যেন কাঁইটবোৰ তাইৰ গালৈ মাৰি পঠিয়াইছে। বাগিছাখনো চোন ক্ৰমাৎ নোহোৱা হৈ গৈ আছে। মুহূৰ্ততে কাঁইটবোৰে তাইৰ মূখৰ এফাল ছিৰাছিৰ কৰি পেলালে। আস! যন্ত্ৰণা, অসহ্যকৰ...... কিছুমান অট্টহাস্য বিয়পি পৰিল। কাৰ অট্টহাস্য এয়া... কিবা যেন চিনাকি... আস্ কোন সেয়া? সকলোফালে কেৱল ধোঁৱা আৰু ধোঁৱা। ধোঁৱাৰ মাজত কোন সেয়া ? কোন ? কিবা যেন আপোন... এয়া ! এয়া চোন অনুজ ! আৰু ছোৱালীজনী চোন ৰিতি নিজেই !!
কি হৈছে এইবোৰ তাইৰ লগত ? তাইৰ উশাহ বোৰ যেন লাহে লাহে বন্ধ হ'বলৈ ধৰিছে.…





পৃষ্ঠাঃ ১২
 (২)

ৰি...তি...মা...মা...জ...নী..
চক্ খোৱা মানুহৰ দৰে ৰিতি জিকাৰ খাই উঠিল। কেইছেকেণ্ডমানলৈ তাই ক'ত আছে, কি কৰি আছে সকলো যেন পাহৰি গ'ল। সন্মুখত মাক-দেউতাক আৰু কমলাক দেখি হে তাইৰ মনত পৰিল তাই যে ইমানদেৰি এটা বেয়া সপোন দেখি আছিল। অনুজৰ কথা ভাবি ভাবি তাই কেতিয়া যে টোপনি গ'ল গমে‌ই নাপালে ৷

"ৰিতি মা, কি হৈছিল তোমাৰ? ৰাতি ভালকে টোপনি নাহিল নেকি ? তুমি যে চকীতে টোপনি গ'লা, দেউতাৰা আৰু কমলাই জগাই দিওঁতে মুখেৰে কিবাকিবি কৈ আছিলা । তাৰপিছত যেনেকৈ হে খপজপকে উঠিলা, আমি গোটেইকেইটাই ভয় খাই গ'লো জানা..." গা- মূৰ পিটিকি কোৱা মাকৰ কথাখিনি শুনি ৰিতিৰ বৰ বেয়া লাগিল। তাইৰ কাৰণেই মাক-দেউতাকৰ ইমান চিন্তা। এক্সিডেন্টটোৰ পিছৰে পৰা মাক- দেউতাকৰ তাইলৈ চিন্তা আৰু বাঢ়িল। মাক দেউতাকৰ এইটো অৱস্থা দেখিলেই ৰিতিৰ বুকুখন হমহমাই যায়। যিটো বয়সত তাই এইহাল মাক-দেউতাকৰ যত্ন ল'ব লাগিছিল, সেই সময়ত তাইক হে মাক-দেউতাকে যত্ন ল'ব লগা হৈছে। 

"মা মোৰ একো হোৱা নাই , এনেই গাটো অলপ দুৰ্বল লাগি আছিল ৷ সেইকাৰণেই টোপনি আহি গৈছিল । ব'লা ভিতৰলৈ যাওঁ।"....ৰুমলৈ গৈ ৰুমৰ দৰ্জাখন বন্ধ কৰি ফেনখনৰ স্পীডটো বঢ়াই দিলে তাই।
       সপোনতে যিটোহে তাই ভয় খালে , গোটেইজনী ঘামেৰে তিতি গ'ল। গাটো বৰ দুৰ্বল যেন লাগিছে তাইৰ। ডাক্তৰে এনেও তাইক বেছি ভয় খাবলৈ মানা কৰে। তাইও প্ৰায় দিনটো মাক-দেউতাকৰ মন কেইটা ভাল লগাবলৈকে হাঁহি মাতি থাকে। কিন্তু আজিহে...... আস্! এটা দীঘল হুমুনিয়াহ কাঢ়ি গাটো বিছনাখনত এৰি দিলে তাই। লগালগ তাইৰ সোঁহাত খন বিচনাৰ ওপৰত থোৱা পেপাৰখনত লাগিল। সেইখন তাই ৰুমলৈ আহোঁতে লগতে লৈ আহিছিল। পেপাৰ খন তুলি লৈ তাই আকৌ এবাৰ অনুজৰ ফটোখনত চকু ফুৰালে। কিমান যে কোমল হৃদয়ৰ এই অনুজটো, কিমান যে মৰম কৰিছিল তাইক সি, অথচ তাইয়ে তাৰ লগত........ চকুহাল চলচলীয়া হৈ পৰিল তাইৰ। কিছুসময় ফটোখনলৈ চাই থকাৰ পিছত কিবা এটা মনত পৰাৰ দৰে তাই হঠাৎ বিছনাৰ পৰা উঠি নিজৰ পঢ়া টেবুলখনৰ ওচৰ পালেগৈ। আজি কিমান দিনে যে এই পঢ়া টেবুলখনৰ ব্যৱহাৰ হোৱা নাই। 
    তাই পঢ়া টেবুলখনৰ ড্ৰয়াৰৰ পৰা কেঁচি খন উলিয়াই লৈ অনুজৰ ফটোখন পেপাৰৰ পৰা কাটিবলৈ ধৰিলে। ফটোখন নিজৰ প্ৰাইভেট ডায়েৰীখনৰ মাজত লুকুৱাই কিবা এটা ভাবি ৰিতি মাকৰ ৰুমৰ ফালে আগবাঢ়িল। তেতিয়ালৈ ৰিতিৰ দুৰ্বল ভাৱটো আঁতৰিছিল আৰু এটি নতুন জীৱন আৰম্ভ কৰাৰ আশাৰে তাইৰ মুখত হাঁহি বিৰিঙিছিল।

-"অ' মৰমৰ মাতাজী মোৰ ফাইলটো দিয়াচোন।" হাঁহি হাঁহি কথাষাৰ কৈয়ে ৰিতিয়ে মাকক পিছফালৰ পৰা সাৱটি ধৰিলে।

-ফাইলটো আকৌ কেলে লাগে তোমাক মাজনী?

-কি কিয় লাগে? কিমাননো আৰু ঘৰত সোমাই থাকিম মা, এতিয়াটো ম‌ই যথেষ্ট সুস্থ গতিকে ম‌ই ভাৱিছো যে ঘৰত দেউতা আৰু তোমাৰ ৰোমান্টিক মমেন্ট বোৰত ডিষ্টাৰ্ব দিয়াতকৈ ম‌ই  অলপ চাকৰি কৰি লাইফত ব্যস্ত হৈ যাওঁ নে কি কোৱা ? তাতে বয়সৰ কথা ও আছে। এবাৰ চাকৰিৰ বয়স পাৰ হ'লে ঘূৰাই জানো পাম! হাঃ হাঃ....ৰিতিৰ কথাত দুয়োজনীয়েই হাঁহিবলৈ ধৰে।

-তথাপিও তুমি সুস্থ হৈছা বুলি জানো যদিও তোমাৰ বাওঁহাতখন যে এতিয়াও অলপ দূৰ্বল হৈ আছে আৰু মুখত চূৰ্ণী খন মাৰি এনেকে কাম কৰিবলৈ দিগদাৰ হ'ব নহয়, তাতকে ঘৰৰ পৰাই কিবা কৰাৰ কথা ভাৱা।

-তাকেইটো মা, চূৰ্ণীখনে বৰ দিগদাৰ কৰিব, সেইকাৰণে ম‌ই চূৰ্ণীখন নামাৰোৱে আজিৰ পৰা। দাগ আগতে যিমান আছিল এতিয়াটো বহুখিনি ভালেই হ'ল। মেডিচিনে বাকীখিনি ও সোনকালে ভাল কৰি দিব আৰু মানুহৰ কথাত ম‌ই আৰু গুৰুত্ব নিদিও মা। এইবাৰৰ পৰা উত্তৰ দিম........প্ৰৱল উদ্যমেৰে কোৱা ৰিতিৰ কথাখিনি শুনি মাকৰ হিয়াখন যেন শাঁত পৰি গ'ল। পাৰিব তেওঁৰ ৰিতিয়ে সংগ্ৰাম কৰিব। ৰিতিৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। 
     ৰিতিৰো নিজকে কলেজৰ সেই তাইজনীক ঘূৰাই পোৱা যেন লাগিল। কিন্তু হঠাৎ অলপ আগলৈকে হাঁহি মাতি থকা ৰিতিজনী কিবা এটা মনত পৰাত আকৌ গহীন হৈ পৰিল।

-মা, মোক মোৰ আগৰ ভঙা মোবাইলটো দিবাচোন। ম‌ই কাইলৈকে সেইটো ভাল কৰিবলৈ দি থৈ আহিম। এটা আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ আছে।

'ধক্' গহীনাই কোৱা ৰিতিৰ কথাখিনি শুনি মাকৰ বুকুখন ত কঁপনি হে উঠিল। ৰিতিয়ে কিবাকৈ অনুজৰ ওচৰলৈ আকৌ উভতি যোৱাৰ কথা ভবা নাইটো! কিন্তু.....কিন্তু....নাই নাই তেওঁ ৰিতিক আকৌ অনুজৰ ওচৰলৈ উভতি যাবলৈ নিদিয়ে। নতুনকৈ ঠন ধৰা ৰিতিজনীক তেওঁ মাকজনী হৈ আকৌ ভাঙি পৰিবলৈ নিদিয়ে। কাৰণ....কাৰণ অনুজ এতিয়া আগৰ সেই মৰমলগা অনুজটো হৈ থকা নাই। সি এতিয়া মোট সলালে, অ' সি এতিয়া বিষাক্ত হ'ল.....



পৃষ্ঠাঃ ১৩

(৩)

-মাজনী তোমাক বাৰু সেই ভঙা মোবাইল টো কিয় লাগে? সোধো নুসোধোকৈ সুধিলে মাকে ৷

-মা, মোবাইলটোত অনুজৰ নাম্বাৰটো আছে। তাৰ লগত ম‌ই বিশ্বাসঘাটকতা কৰিছো। সেইকাৰণে ম‌ই তাক শেষবাৰৰ বাবে ক্ষমা খুজিব বিচাৰিছোঁ। সি মোক ক্ষমা কৰি দিয়ে নে নাই নাজানো। কিন্তু ম‌ই তাৰ ওচৰত ক্ষমা নোখোজালৈ শান্তি নাপাম।      
   ৰিতি ৰ কথা শুনি মাকৰ বুকুখন দুৰু দুৰু কে কঁপিব ধৰিলে। নাই তেওঁ জীয়েকক অনুজৰ ওচৰলৈ পঠিয়াব নোৱাৰে। অনুজৰ ওপৰত তেওঁৰ বিশ্বাস নাই..নাই...
    চিন্তাত আত্মবিভোৰ হৈ থকা মাকৰ ভয়াতুৰ মুখখন দেখি ৰিতিৰ মনত সন্দেহ হ'ল। মাকে তাইৰ পৰা কিবা লুকুৱাই ৰখা নাইটো! "মা ,কিবা লুকুৱাইছা মোৰ পৰা?"

-মাজনী,  যোৱা কথা গ'ল ৷ এতিয়া আকৌ পুৰণি কথাবোৰ উলিওৱাৰ কিনো দৰকাৰ। 
         
-মা, তুমি কথাবোৰ এনেকে কিয় কৈছা ? ম‌ই ভুল কৰিছিলোঁ মা গতিকে মোৰ ভুলটো শুধৰাবলৈ দিয়া এতিয়া। কিবা কথা আছে যদি কোৱাচোন?
         
-সকলো ক'ম মাজনী, কিন্তু মোৰ শপত খাই কোৱা তুমি আৰু কেতিয়াও অনুজৰ ওচৰলৈ উভতি নোযোৱা। কান্দি কান্দি কোৱা মাকৰ কথাষাৰ শুনি ৰিতি আচৰিত হ'ল। অলপ সময় কিবা ভাৱি তাই মাকৰ শপত খাই কেতিয়াও অনুজৰ জীৱনলৈ ঘূৰি নাযাওঁ বুলি ক'লে যদিও তাক ক্ষমা খোজাত বাধা দিবলৈও মাকক মানা কৰি দিলে। ৰিতিৰ শপত খাই কোৱা কথাষাৰ শুনিহে যেন মাকৰ হৃদয়ত বৈ থকা ধুমুহাজাক কিছু শান্ত হ'ল আৰু কৈ গ'ল ঘটি যোৱা সকলোবোৰ ঘটনা...  
       
       ৰিতি আৰু অনুজৰ মাজত ভাল সম্পৰ্ক আছিল বুলি ৰিতিৰ মাক দেউতাকে জানিছিল। অনুজকো তেওঁলোকে খুব মৰম কৰিছিল। ৰিতিক অনুজৰ কথা সুধিছিল তেওঁলোকে, কিন্তু ৰিতিয়ে তাইৰ আৰু অনুজৰ মাজত কেৱল বন্ধুত্বৰ সম্পৰ্ক হে আছিল বুলি কৈছিল তাৰোপৰি অনুজৰ ঘৰত তাৰ কাৰণে ছোৱালী চোৱা বুলিও কৈছিল, যিটো সম্পূৰ্ণ মিছা আছিল। উচ্চাকাংক্ষী ৰিতিয়ে অনুজক ভাল পালেও, তাইৰ প্ৰয়োজন বোৰ পূৰাব নোৱাৰিব বুলিয়েই তাৰ লগত যে বিয়া হ'ব খোজা নাছিল সেইবোৰ পিছত ৰিতিয়ে নিজেই মাক দেউতাকক কৈছিল। 
      ৰিতিৰ মাক-দেউতাকে চহৰৰ প্ৰখ্যাত এডভ'কেট আদিত্য দত্তৰ লগত ৰিতিৰ বিয়া ঠিক কৰিছিল। উচ্চাকাংক্ষী ৰিতিয়ে আদিত্য ৰ ফেমিলি ষ্টেটাচ দেখিয়েই অনুজ আৰু তাইৰ ছবছৰীয়া সম্পৰ্কটো ভাঙি পেলাইছিল। অনুজৰ লগত সম্পৰ্ক ভাঙি থৈ অহাৰ পিছত ৰিতিৰ যথেষ্ঠ বেয়াও লাগিছিল, যিয়ে নহ‌ওঁক অনুজ তাইৰ জীৱনৰ প্ৰথম প্ৰেম আছিল। কিন্তু কেৱল আৱেগৰ বশবৰ্তী হৈয়ে তাই নিজৰ ভৱিষ্যত অন্ধকাৰ কৰিব নোখোজে। সেইকাৰণে ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে তাই বিশ্বাসঘাটকতা কৰি হ'লেও  নিজৰ প্ৰেমক ত্যাগ কৰিব পাৰিছিল...... 
       আমন জিমনকৈ বহি থকা তাইক দেখি মাকে তাইৰ মনৰ কথা জানিব খুব চেষ্টা কৰিছিল কিন্তু ৰিতিয়ে মাকক একো কোৱা নাছিল মাথোঁ অনুজৰ লগত যোগাযোগ নাৰাখিবলৈ দঢ়াই দঢ়াই কৈছিল। ৰিতিৰ মনটো ভাল লাগক বুলিয়ে মাকে এদিন আদিত্য ক ৰিতিৰ লগত অলপ সময় অতিবাহিত কৰিবলৈ ক'ৰবাত দূৰ ঠাইলৈ ফুৰিবলৈ যাবলৈ কৈছিল আৰু তেওঁৰ কথামতেই এদিন আদিত্য‌ আৰু ৰিতি ওলাই গৈছিল লং ড্ৰাইভ ত। কিন্তু তাৰপিছত....

~ আগলৈ ~



পৃষ্ঠাঃ ১৪

অনুগল্পঃ

মুখুৰা


  সমাজ সেৱক হিচাবে তেখেতৰ নাম আছে সমাজত। কেৱল বৰ বৰ কথাৰে সমাজৰ দুৰ্গতজনক উদ্ধাৰ কৰে। মাতৃ-কন্যাৰ কৰুণ মৃত্যুৰ পিছত মই তেওঁক লগ পাই সুধিলো-" বৰতা, লকডাউনৰ আগৰ পৰা এগৰাকী মহিলা আৰু এটি শিশু আপোনাৰ ভাড়াঘৰত আছিল ক'লৈ গ'ল দেখা নাই যে। " তেওঁ অলপ খঙেৰে উত্তৰ দিলে-" মই উলিয়াই পঠিয়ালো। ক'ত গ'ল নাজানো। কাম-বন নাই এতিয়া মোক ভাড়া ক'ৰ পৰা দিব? "
হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্যঃ ৭০০২৯৬১৩৬২

মন

'' আজি মাতাল হোৱা জোখাৰে দিবা নে প্ৰেমৰ মদিৰা !
জীৱনৰ নিস্পৃহতাই কোঁঙা কৰা মনৰ বাবে হ’ব চাগে সিয়েই এক সঞ্জীৱনী সুধা ! "
     নিশা বাৰ বজাৰ পিছত ৰীয়ালৈ শেষ মেছেজটো লিখি ডা° সঞ্জয় বৰুৱাই হাত ঘড়ীটোলৈ চালে ৷ নিশা বাৰ বাজি পোন্ধৰ মিনিটৰ সংকেতটো ঘড়ীত দেখি মনটো যেন অস্থিৰ হৈ গ’ল , বিবাহৰ এসপ্তাহ পাছতে এৰি আহি , সাতদিন কৰ'না ৰোগীৰ চিকিৎসা আৰু চৈধ্যদিন কোৱাৰেন্টাইন হৈ এবাৰ ৰীয়াৰ ওচৰলৈ যোৱা দিনটোৰ সময়কণৰ অপেক্ষাত ৷

নিৰুপমা ডেকা
দূৰভাস-৯৮৫৯৯৩৮৪১০

মমতা

   প্ৰতি নিশা কোনোবা মুখা পিন্ধা ভদ্ৰ পুৰুষৰ কামনাৰ বলি হোৱা পাগলী নামেৰে পৰিচিত মানুহ গৰাকীয়ে চহৰৰ মাজ মজিয়াতেই আজি এটি সন্তান প্ৰসৱ কৰিলে। তাই কেচুৱাটোক নিজৰ ফটা চাদৰখনেৰে মেৰিয়াই বুকুৰ ওম দিলে। স্তন পান কৰালে।
     সন্তানটোক পেলাই নিদিলে জাবৰৰ দ'মত বা কোনোবা এটা ডাষ্টবিনত। নিদিলে মাটিত  শুৱাই ৰঙা পৰুৱাই খাবলৈ। তাইৰ ভয়-সংকোচ নাই, লাজ নাই চিন্তা ও নাই সমাজত সন্মান হেৰাই যোৱাৰ। তাইৰ বাবে অৰ্থহীন সেই সন্তানৰ পিতৃ পৰিচয়।
কাৰণ তাইতো এজনী পাগলী। লিৰিকি বিদাৰি তাই হেঁপাহ পলুৱাই  চুমা খালে নিজৰ সন্তানটোক বুকুত সাৱটি।
সঁচাকৈ, এজনী পাগলী হৈও শিশুটিক আৱৰি ৰাখিলে মমতাৰ আচলেৰে।পৰিচয় দিলে তাইৰো আছে এখন মাতৃৰ মমতাৰে ভৰা হৃদয়।

শ্ৰী অভিলাষা শইকীয়া
৪ৰ্থ ষান্মাসিক,
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান




পৃষ্ঠাঃ ১৫

এক মিনিটৰ গল্পঃ


এনেকৈয়ে ভাগে নে সপোন?

"মা, মই কলেজলৈ যাওঁ।" প্ৰতিদিনৰ দৰেই আজিও সপ্তমীয়ে লৰালৰিকৈ কলেজলৈ বুলি খোজ ল'লে। বাছ ষ্ট'পেজত প্ৰায় ১৫ মিনিটমান ৰখাৰ পিছত বাছখন আহি পালে। কোনো নিৰ্দিষ্ট বাছ নহয়, মাথোঁ খিৰিকীৰ কাষৰ চিট খালী থকা বাবেই যিকোনো বাছ এখনেই নিৰ্দিষ্ট হৈ পৰে সপ্তমীৰ বাবে। 
যোৱা নিশাৰ কথা তাইৰ আকৌ মনত পৰিল। কিদৰে তাই এটা ডাঙৰ সিদ্ধান্ত তৎমূহুৰ্ততে লৈ ল'ব পাৰিলে? তাইৰ সিদ্ধান্তটো শুনাৰ পিছত মাকে তাইক কিয় এবাৰো বাধা নিদিলে? তাই নিৰুপায় হৈ মাথোঁ উচুপিছিল। উচুপি উঠিছিল তাইৰ মৰমৰ ১০ বছৰীয়া ভনীয়েক জুৰি। "লাষ্ট ষ্ট'পেজ, লাষ্ট ষ্ট'পেজ।" হেণ্ডিমেনজনৰ মাতত তাই বাস্তৱলৈ ঘূৰি আহিল। তাই এবাৰ বেগটোত হাত ফুৰাই চালে। এপ্লিকেচন খন এতিয়াও ভাঁজ লাগি পৰি আছে তাইৰ বেগত।
টং টং টং! আকৌ এটা ক্লাছৰ অন্ত পৰিল। নাই সপ্তমীয়ে মন বহুৱাব নোৱাৰিলে। ছাৰ-বাইদেৱে বুজোৱা কোনো কথাই তাইৰ কাণত নোসোমাল। সকলোখিনি মূৰৰ ওপৰেৰে পাৰ হৈ গ'ল। 
---"কি হ'ল সপ্তমী ? তই অন্যমনস্ক হৈ আছ' যে? বান্ধৱী লীজাই সুধিলে। 
লীজাৰ প্ৰশ্নৰ উত্তৰত তাই সকলো বিবৰি ক'লে। তাইৰ কথাত সকলো হতবাক হৈ পৰিল । 
"তাৰ মানে তই আৰু কাইলৈৰ পৰা কলেজলৈ নাহ' ?"
"তই সঁচাকৈয়ে কলেজ এৰিবি ?" বান্ধৱী সকলে একে লগে প্ৰশ্নৰ বাণ এৰিলে
এৰা, নাহে ! সপ্তমী আৰু কাইলৈৰ পৰা কলেজলৈ নাহে। দেউতাক নোহোৱা ঘৰখনক মাকে কিদৰে দুখৰ মাজতো চম্ভালি আহিছে তাই নিজে দেখিছে। মাকেও এটা ল'ৰা সন্তান নথকাৰ বাবে নিজৰ কপালখনক দোষ দি সপ্তমী আৰু জুৰিক পাৰ্যমানে গালি পাৰে। ইঘৰে-সিঘৰে কাম কৰি অৰ্জন কৰা টকাকেইটায়েও যেন তাইক উলাই কৰে। অৱশেষত তাই এটা সিদ্ধান্ত লৈ পেলালে। কলেজ এৰি কিবা এটা ভাল কাম কৰিব লাগিব। তাই কাম কৰিব, মাকৰ বাবে, জুৰিৰ ভৱিষ্যতৰ বাবে, কৰিব পাৰিব তাই ! দেখুৱাই দিব সমাজখনক, যে ল'ৰা নহ'লেও তাই কাম কৰি মাকক, ভনীয়েকক খুৱাব পাৰিব। আত্মবিশ্বাস আছে তাইৰ।
এপ্লিকেচনখনত অধ্যক্ষৰ চহী লৈ তাই ওলাই আহিল কলেজ কেম্পাচৰ পৰা। যিমান পাৰে তাই কান্দোনখিনিক হেঁচি ৰাখিছিল মনৰ ভিতৰত। তাই আৰু কাইলৈৰ পৰা কলেজলৈ নাহে। কাইলৈৰ পৰা এটা নতুন জীৱনৰ আৰম্ভণি হ'ব তাইৰ বাবে। দেখা নাপায় আৰু তাই কলেজৰ চৌহদটো। সেমেকি উঠিছিল তাইৰ চকুযুৰি; দুগালেৰে বৈ আহিছিল অশ্ৰুৰ ধাৰা। নাই, নোৱাৰে আৰু তাই এক মূহুৰ্তও তাত থিয় হৈ থাকিব। তাই লৰালৰিকৈ ঘৰলৈ বুলি বাট ল'লে। হঠাৎ এখন তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে সপ্তমীৰ দেহটো। চৌদিশে হুৱা-দুৱা লাগিল। নিমিষতে চূৰ্ণ-বিচূৰ্ণ হৈ গ'ল সপ্তমীৰ প্ৰতিটো সপোন। বাটত পৰি ৰ'ল মাথোঁ তেজেৰে লুতুৰি-পুতুৰি তাইৰ নিথৰ দেহটো।

পূবালী দাস
গুৱাহাটী, ২ নং মঠঘৰীয়া




পৃষ্ঠাঃ ১৬

নৱজীৱন 

বাছ ষ্টপত বহু সময় অপেক্ষা কৰাৰ অন্তত এখন বাছ পাই খৰধৰকৈ উঠি খালী হৈ থকা চিতটোতে বহিলো ৷ চিতটোৰ কাষত নো কোন বহি আছে তাকো লক্ষ্য কৰিবলৈ মোৰ যেন সময় নাই ৷ কেতিয়া নো ঘৰ পাওঁগৈ তাৰে চিন্তা ৷"ৰিয়া আহিলা" বুলি মাত দিয়াত চাই দেখিলো ৰাণীবাইদেউ দেখোন ৷ "ভাল নে বাইদেউ" মোৰ চমু প্ৰশ্ন ৷ ই কি কেইমাহমানৰ আগতে লগ পাওঁতে ৰাণীবাইদেউৰতো স্বামী ঢুকোৱা বুলি কৈছিল ৷ সেইদিনা বাইদেউৰ উকা কপালখন দেখি মোৰ মনটো কেনেবা লাগিছিল ৷ কিন্তু আজি যে বাইদেউৰ এক ব্যতিক্ৰমী ৰূপ ৷ কঁপালত দগ্‌মগাই উজ্বলি আছে ৰঙাফোঁটটো আৰু শিৰৰ সেন্দুৰকণ ৷ মোৰেই কিবা ভুল হৈছে নেকি বাৰু? দুয়োটা দিনৰ দুটা দৃশ্যই কিয় জানো মোক বিপাঙত পেলাইছে ৷ অবাক দৃষ্টিৰে ৰাণীবাইদেউক লক্ষ্য কৰাত মোৰ অবুজ চাৱনিটো হয়তো বাইদেউৰ চকুত ধৰা পৰিল ৷
"ৰিয়া তুমি চাগে আচৰিত হৈছা মোক এনে ৰূপত দেখি ৷ মই দ্বিতীয় বিবাহ কৰালো ৷ ওৰেটো জীৱন নিঃসঙ্গতাৰে কেনেকৈ কটাম ৷সেয়ে মোৰ অকলশৰীয়া বৃদ্ধ শহুৰদেউতাই পুনৰ বিবাহৰ বাবে বৰকৈ জোৰ কৰিলে"৷ কথাকেইষাৰ শুনি মোৰ হৃদয় খনি ভৰি পৰিল ৷ ৰাণীবাইদেউৰ শহুৰেকজনৰ প্ৰতি শ্ৰদ্ধাত দোঁৱালো‌। এগৰাকী গাভৰু বিধৱা বোৱাৰীৰ নিঃসঙ্গতাৰ মৰ্মবেদনা কিদৰে তেখেতৰ হৃদয়ে বুজি পালে ৷ "খুব ভাল কৰিলে বাইদেউ ৷আপোনাৰ বৈবাহিক জীৱন সুখৰ হওক ৷ আপোনাৰ নৱ জীৱনটোৱে প্ৰাণ পাই উঠক"৷ মোৰ কথাত বাইদেৱে ধন্যবাদ জনোৱাৰ লগতে নতুন পৰিয়ালটোৰ বহুখিনি ভাল লগা কথাকে ক’লে ৷ ইতিমধ্যে বাছখন আহি মোৰ পদূলিমুখত ৰ'লহি ৷ বাইদেউক মাত লগাই বাছৰ পৰা নামিলো ৷ বাইদেৱে মিচিকি হাঁহিটোৰে মোক বিদায় দিলে ৷ বাছখনে লাহেকৈ গতি কৰিলে ৷ বাইদেউৰ মুখৰ সন্তোষ্টিৰ হাঁহিটোৱে যেন অজানিতে মোৰ হৃদয়খনি স্পৰ্শ কৰিলে ৷

মঞ্জুমালা শৰ্মা ভট্টাচাৰ্য্য
জামুগুৰি, শিৱসাগৰ




পৃষ্ঠাঃ ১৭

চিঞৰ


:আজি বৰ ধুনীয়াকৈ ৰ'দ দিছে নহয়নে?
পিৰালিত বহি থকা শকুন্তলাই আনন্দ মিহলি উত্তেজনাত চিঞৰি ক'লে |
সি শকুন্তলাৰ হাতখন মোহাৰি দিলে| তাই বুজিলে, আজি বতৰটো  সঁচাই ৰ'দ জিলমিল‌।
শকুন্তলাৰ উথপথপ লাগিল|
গা টো ধুব লাগিছিল, ষ্টেচনলৈ যাব লাগিছিল!
সি শকুন্তলাৰ কান্ধত ধৰি নি তাইক পাকঘৰ পোৱালেগৈ|সিজাই থোৱা কচু এটা নিমখ অকণ চটিয়াই  পিটিকি সি তাইক খুৱালে|
আটকীয়া চাউল কেইটা আগৰাতিয়েই শেষ হ'ল|
শকুন্তলাই কচুপিটিকা কণ লাহে লাহে গিলিলে|
আৰু তাই  যেন কিবা এটা বুজিলেও।
:একো নহয় দিয়া । ব'লা আজি দুয়োটা ওলাওঁ। আহোঁতে চাউল এমুঠি আনিম। সি স্তব্ধ হৈ গ'ল। এইষাৰ কথালৈকে তাৰ ভয় লাগি আছিল! আঠাইছ দিনে নিমাওমাও হৈ থকা ষ্টেচনটোৰ কথা ক'ব নোৱাৰি সি পাকঘৰৰ মজিয়াখন নখেৰে বাকুঁহিবলৈ ধৰিলে। তাৰ অস্ফূট গেঙনিটো শুনি তাই ক'লে,"ইমান চিন্তা কিয় কৰিছা ? পেচেঞ্জাৰে দেখিবই, মই অন্ধ। তুমি কথা ক'ব নোৱাৰা বুলিও মই কমেইচোন! আৰু.....আৰু মানুহে দেখিব মই মানুহজনী গা ভাৰী,কোনোবাইতো কিবা এটা খাবলৈ দিব।
সি মাটিৰ মজিয়াতে মূৰটো জোৰে জোৰে আফলিয়াবলৈ ধৰিলে। সি ক'ব নোৱাৰিলে,"কালি যে তুমি জ্বৰত মূৰ্চা গৈছিলা ! বিষত যে কোঙা হৈ পৰিছিলা! আমাৰ সন্তানৰ মৃত্যু হৈছে শকুন্তলা"।
মূৰ্ছিত শকুন্তলাই পুৱতি নিশা ওচৰৰে বুঢ়ি দুগৰাকীৰ সহায়ত প্ৰসৱ কৰা নিষ্প্ৰাণ মাংসপিণ্ডটো পুতি থৈ অহা সি নিজৰ চুলিকোচা আঁজুৰিবলৈ ধৰিলে। পেটটো মোহাৰি মোহাৰি শকুন্তলাই ক'লে,'আজি ষ্টেচনলৈ যাবই লাগিব জানা ? ভোকতে ই লৰচৰো কৰা নাই ৰাতিপুৱাৰে পৰা "।

নিৰ্মালী নয়ন তৰা সন্দিকৈ



পৃষ্ঠাঃ ১৮

কথোপকথনঃ

বৰ্ষাৰ এটি আবেলি
অৰুণা বাইদেউ ৰ লগত এখন্তেক


প্ৰশ্নঃবাইদেউ আপোনাক আমাৰ ই‌ আলোচনী অঙ্গনলৈ স্বাগতম ‌জনাইছো।
উওৰ-তোমালোকক বহুত ধন্যবাদ।

প্ৰশ্নঃবাইদেউ আপোনাৰ চমু  পৰিচয় আমাৰ পাঠক সকলৰ বাবে ।
উত্তৰ-মোৰ নাম অৰুণা ঠাকুৰ। মোৰ ঘৰ গোলাঘাটৰ হালধিবাৰীৰ কচলিয়াল গাঁৱত। মোৰ পিতৃৰ নাম  প্ৰয়াত গুণকান্ত ঠাকুৰ আৰু মাতৃৰ নাম প্ৰয়াত বুদ্ধিপ্ৰভা দেৱী।

প্ৰশ্নঃবাইদেউ আপোনাৰ প্ৰথম প্ৰকাশিত গল্প কোনটো ? ই কোনখন আলোচনীত প্ৰকাশ পাইছিল ?
উত্তৰ-"অষ্টমীৰ জোন" মোৰ প্ৰথম প্ৰকাশিত গল্প , এই গল্পটো সাপ্তাহিক জনমভূমিত প্ৰকাশ পাইছিল।

প্ৰশ্নঃবাইদেউ আপুনি সাহিত্যৰ‌ বিশাল পথাৰখনৰ লগত কেনেকৈ চিনাকি হ'ল?
উত্তৰ-প্ৰথমে মই বৰুৱা বামুন‌ গাওঁ লেখিকা সংস্থাৰ সদস্যা হিচাপে আৰু তাৰ পাছত তাৰ মুখপত্ৰ কলকণ্ঠত‌ একেৰাহে লিখিবলৈ আৰম্ভ কৰোঁ;২০১৯চনলৈকে মই লেখিকা সংস্থাৰ সম্পাদিকাৰ দায়িত্বত আছিলো ।

প্ৰশ্নঃবাইদেউ আপোনাৰ প্ৰথম উপন্যাস কোন চনত প্ৰকাশ হয়, আৰু উপন্যাসখনৰ  নাম কি আছিল ? 
উত্তৰ- মোৰ প্ৰথম উপন্যাস ২০১৫চনত প্ৰকাশ হয় , উপন্যাসখনৰ নাম আছিল "অলকানন্দাৰ পাৰে ‌পাৰে" ।

প্ৰশ্নঃবাইদেউ আপোনাৰ এই উপন্যাসখনৰ মতামত কি ?
উত্তৰ -উওৰাখণ্ডৰ বদৰিকাশ্ৰম অলকানন্দাৰ পাৰত থিয় হৈ সেই মূহুততে ভ্ৰমণ মুলক কিতাপ লিখাৰ কথা ভাবিলো আৰু ঘৰলৈ আহি হাতত কলম তুলি ললো।এই উপন্যাসখন প্ৰকাশ ন দিগদশন আৰু এইখন উপন্যাসৰ বাবে সাহিত্য প্ৰেৰণা বঁটা পাওঁ।

প্ৰশ্ন:- বাইদেউৰ আপোনাৰ প্ৰিয় উপন্যাস কোনখন ?
উত্তৰ:- ফনীন্দ্ৰ চন্দ্ৰ দেৱগোস্বামীৰ দ্বাৰা ৰচিত "অনুৰাধাৰ দেশ" ।

প্ৰশ্ন:- বৰ্তমান যুৱ আৰু নৱপ্ৰজন্মৰ কিতাপৰ প্ৰতি কিমান আগ্ৰহ ? আপোনাৰ দৃষ্টিত মন্তব্য ।
উত্তৰ:- বৰ্তমান যুৱ আৰু নৱপ্ৰজন্মই কিতাপ নপঢ়ে বুলি স্পষ্টকৈ কোৱাটো কঠিন , কিয়নো বৰ্তমান প্ৰজন্মৰ বেছিভাগেই ম'বাইলতেই ব্যস্ত থকা দেখা যায় ।

প্ৰশ্ন:- আপোনাৰ জীৱনত প্ৰথম লেখাৰ প্ৰতি আগ্ৰহ কোনে জন্মাইছিল ?
উত্তৰ :- বিশেষভাৱে পিতৃ মাতৃৰ আদৰ্শই অনুপ্ৰাণিত কৰিছিল । মোৰ দেউতা বৃত্তিত এজন শিক্ষক তেওঁৰ কিতাপৰ প্ৰতি থকা অপৰিসীম ভালপোৱাৰ আৰু মাতৃৰ আজৰি সময়ত কিতাপ পঢ়াৰ অভ্যাসে মোক লেখাৰ প্ৰতি অনুগ্ৰহীত কৰিছিল ।

প্ৰশ্ন:- বৰ্তমান সময়ত সাহিত্যৰ ক্ষেত্ৰখনৰ লগত আপুনি কেনেদৰে জড়িত ?
উত্তৰ:- বৰ্তমান সময়ত মই উত্তৰ পূব গোলাঘাট কবি সন্মিলনৰ উপ-সভানেত্ৰী আৰু অন্যান্য সাহিত্য  অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত ।

প্ৰশ্ন:- আগন্তুক দিনত আপোনাৰ পৰিকল্পনা কি ?
উত্তৰ:- আগন্তুক দিনত শিশু সাহিত্য বিষয়ক গ্ৰন্থ "মহাকাশৰ তিনি তাৰকা" আৰু বৃন্দাবনৰ দুৰ্ভগীয়া ৰাধেস্বামী সকলৰ ওপৰত লিখা এখন উপন্যাস সম্পূৰ্ণ কৰিম বুলি হাতত লৈছোঁ ।

প্ৰশ্ন:- ভৱিষ্যতে আপোনাৰ জীৱনৰ লক্ষ্য বা  সপোন কি ?
উত্তৰ:- শিশুসকলৰ উপকাৰ আৰু পাঠক সকলৰ মনোগ্ৰাহী তথা উপযোগীকৈ সাহিত্য ৰচনা কৰা ।

প্ৰশ্নঃ আপোনাৰ দ্বিতীয়খন উপন্যাস কি আৰু কোন চনত প্ৰকাশিত?
উত্তৰঃ মোৰ দ্বিতীয় খন উপন্যাস হ'ল "নীল সাগৰৰ ৰূপোৱালী ঢৌ",২০১৭চনত প্ৰকাশিত আৰু এইখন কিতাপৰ বাবেই সৃষ্টি পদাতিকে অসম সাহিত্য বঁটা প্ৰদান কৰে।

প্ৰশ্নঃআপোনাৰ প্ৰকাশিত আন গ্ৰন্থসমূহ-হৃদয় এখন গোপন পৃথিৱী (গল্প সংকলন),পোত শীতলা গাঁৱৰ কোন তুমি ৰূপহী(কবিতা পুথি), মহীয়সী শিশু সাহিত্য ২০১৯। বাইদেউ আপোনাৰ প্ৰিয় সাহিত্যিক কোন ?
উত্তৰঃ হয় তুমি থিকেই কৈছা। এই কেইখন মোৰ অন্যান্য প্ৰকাশিত গ্ৰন্থ। মই সকলো সাহিত্যিকৰ লেখনিক শ্ৰদ্ধা কৰোঁ আৰু লিখনি পঢ়োঁ।তথাপি তাৰে মাজৰ অ.সা .সভাৰ সভাপতি ইমৰাণ শ্বাহৰ লেখা বৰ প্ৰিয়।

প্ৰশ্নঃ তেখেতক আপুনি সাক্ষাৎ কৰিছেনে?
উত্তৰঃ তেখেতক মই সাহিত্য সভাৰ সভাপতি হোৱাৰ পাছত আমাৰ নাহৰণিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত নিচেই ওচৰতে লগ পালোঁ। তেখেতক মোৰ এটা কবিতা উপহাৰ দিছিলোঁ, মোৰ কবিতা পঢ়ি তেখেতে এষাৰ বাণী কৈছিল ,"তুমি বহুত ভাল মানুহ হ'বা।" তেখেতৰ জন্ম দিনত প্ৰকাশিত এখন কবিতা পুথিত মই দিয়া কবিতাটো প্ৰকাশ কৰা হৈছিল।

প্ৰশ্নঃ শেষান্তত আপোনাৰ একাষাৰ?
উত্তৰঃ আপোনালোকক লগ পায় বহুত ভাল লাগিল। আপোনালোকৰ সানিধ্যৰে আনন্দিত কৰিলে। আজিৰ এই দিনটো মোৰ সৰ্বকালৰ বাবে স্মৰণীয় হৈ ৰ'ব।

         আপোনাক লগ পাই আমি ধন্য হ'লো বাইদেউ। আপোনাৰ মূল্যবান সময়ৰ এই কণ সময় আমাক দি কৃতাৰ্থ কৰাৰ বাবে আমি অঙ্গনৰ পৰিয়ালে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে আজিলৈ আমাৰ কথোপকথন সামৰণি মাৰিলো।
ধন্যবাদ।

প্ৰস্তুতি শৰ্মা, প্ৰতিনিধি
স্বপ্নম জ্যোতি কলিতা, প্ৰতিনিধি
(অঙ্গনৰ মুখ্য সম্পাদক হেমেন নাথৰ তত্বাৱধানত আৰু
ব্যাপস্থাপক সম্পাদক ৰাজশ্ৰী বৰাৰ সহযোগত প্ৰস্তুত কৰা হ'ল)


পৃষ্ঠাঃ ১৯


অনুবাদ কবিতাঃ


মৃতজাত

‘Stillborn’ by Sylvia Plath (1932-1963)

এই কবিতাবোৰ জীয়াই নাথাকে: ই এক দুখাৱহ লক্ষণ।
সিহঁতৰ হাত ভৰিৰ আঙুলিবোৰ পাৰ্য্যমানে বাঢ়ে,
সিহঁতৰ সৰু কপালবোৰ থুপখাই ওফন্দি উঠে।
যদি সিহঁত পূৰ্ণাৱয়বৰ দৰে খোজকাঢ়ি ফুৰাত ব্যৰ্থ হয়,
সেয়া বঞ্চিত মাতৃস্নেহৰ বাবে কদাপি নহয়।

অ: সিহঁতৰ কি হ’ল সেয়া মোৰ বাবে ব্যাখ্যাতীত!
আকৃতি-প্ৰকৃতি আৰু সিহঁতৰ সৰ্বাংগ সঠিক।
‘জন্ম-জলৰ’(*) মাজত সিহঁত ভালদৰেই বহিছিল
সিহঁতে মোলৈ চাই হাঁহিছিল, হাঁহিছিল আৰু হাঁহিয়েই আছিল
অথচ নভৰিল সিহঁতৰ হাঁওফাঁও, আৰু হৃদয়ত নহ’ল প্ৰাণৰ সঞ্চাৰ।

সিহঁত গাহৰি নহয়, সিহঁত আনকি মাছো নহয়,
যদিওবা সিহঁতৰ চৌপাশে গাহৰিৰ অথবা মছুৱা বতাহ-
সিহঁত জীয়াই থকা হ’লে ভাল আছিল,
আৰু তেনেকুৱাই আছিল সিহঁত।
কিন্তু সিহঁত মৃত, আৰু সিহঁতৰ মাতৃ ব্যাকুলতাত মৃতপ্ৰায়,
সিহঁতে নিৰ্বোধ হৈ থৰ লাগি চায় আৰু তেওঁৰ কথা নকয়।

(Pickling Fluidক ‘জন্ম-জল’ বোলা হৈছে, যি স্তন্যপায়ী জীৱৰ ভ্ৰুণ সোমাই থকা পাতল আৱৰণৰ মোনাৰ মাজৰ জল, যাক আচলতে Amniotic Fluid বোলা হয়।)

চিলডিয়া প্লেথ(২৭/১০/১৯৩২ –১১/০২/১৯৬৩)ৰ ১৯৩২ চনত আমেৰিকাৰ বষ্টন চহৰত জন্ম হৈছিল। দিও তেওঁ আঠবছৰ বয়সৰে পৰাই কবিতা লিখিছিল, ডাঙৰ হৈ তেওঁ মানসিক ৰোগ (ডিপ্ৰেচন)ত ভূগিছিল। কিৎসাৰ পিছত তেওঁ ইংলেণ্ডৰ কবি টেড হিউজ(Ted Hughes)ৰ লগত ১৯৫৬ চনত বিৱাহ পাশত আৱদ্ধ হয়। কিন্তু মনোমালিন্যৰ  ফলত ১৯৬২ চনৰ পৰা দুই সন্তানক লগত লৈ প্লেথে বেলেগে থাকি বিৱাহ বিচ্ছেদৰ বাবে ন্যায়ালয়ৰো কাষ চাপে।সম্ভৱত: অত্যধিক মানসিক চাপত ১৯৬৩ চনৰ এঘাৰ ফেব্ৰুৱাৰীত প্লেথে আত্মহননৰ পথ বাচি লয়।জীৱন কালত তেওঁৰ মাত্ৰ ‘দি বেʼল জাৰ’ নামৰ এখন উপন্যাস আৰু ‘দি কল’ছাছ’ নামৰ এখন কাব্যসংকলন প্ৰকাশ হৈছিল। মৃত্যুৰ পিছত তেওঁৰ স্বামীয়ে প্ৰকাশ কৰা ‘এৰিয়েল’(Ariel-হৰিণ জাতীয় এবিধ জন্তু)  নামৰ বহু চৰ্চিত কাব্য সংকলনখনৰ কবিতামূহ তেওঁ মৃত্যুৰ কেইমাহমানৰ আগতহে ৰচনা কৰিছিল। তেওঁৰ মুঠতে সাতখন কাব্যসংকলন, চাৰিখন শিশুগ্ৰন্থ আৰু উপন্যাসকে ধৰি আঠখন অন্যান্য সংকলন প্ৰকাশ পাইছে।১৯৮২ চনত মৰণোত্তৰ ভাবে তেওঁক পুলিৎজাৰ পুৰস্কাৰ দিয়া হয়। তেৱেঁই এনে প্ৰথম গৰাকী ব্যক্তি। ২০০০ চনৰ এক সমীক্ষা মতে চিলভিয়া প্লেথৰ ৰচনাৱলীৰ ওপৰত তেতিয়ালৈ আন লেখকসকলে লিখা ১০৪ খন গ্ৰন্থ প্ৰকাশ পাইছে।

মূল কবিতাটিঃ

STILLBORN

By Sylvia Plath

These poems do not live: it’s a sad diagnosis.
They grew their toes and fingers well enough,
Their little forehead  bulged with concentration.
If they missed out on walking about like people
It was not for any lack of mother-love.

O I cannot explain what happened to them !
They are proper in shape and number in every part.
They sit so nicely in the pickling fluid !
They smile and smile and smile at me.
And still the lungs won’t fill and the heart won’t start.

They are not pigs, they are not even fish,
Though they have a piggy and fishy air-
It would be better if they were alive,
and that’s what they were.

But they are dead, 
and their mother near dead With distraction,
And they stupidly stare and donot speak of her.


অনুবাদ
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলীপাৰা,গুৱাহাটী-১৯
মোবাইল নং:৭০০২৪০৯৬৫৫



পৃষ্ঠাঃ ২০

কবিতাঃ


পাৰমাণৱিক
--------------------------------
তপন বৰুৱা

পাতৰ নিয়ৰকণা এটাই নঙলামুখতে পাই 
কাকতখনক সুধিলে--
সীমান্তৰ সিপাৰে হেনো আণৱিক যুদ্ধৰ হুংকাৰ !
নেমেলি নোৱাৰিছোঁ সেয়ে আকৌ এবাৰ
ইতিহাস কলুষিত ১৯৪৫ নং পৃষ্ঠাটো ;
ভীতিগ্ৰস্ত নহ'লেও যে চিন্তা বাঢ়ে, মনৰ গৰা খহে ,
আশাতীতভাৱে হতাশ কৰে 
ইমানদিনেও কিয় পুৱাৰ পোহৰ পান কৰিবলৈ ব্যগ্ৰ নহ'ল মানুহ
আজিকোপতি দেখা নাপালে কিয় নৃশংস পৃষ্ঠাৰ শব্দবোৰৰ বুকুত 
কেনেকৈ নাঙঠ হৈ পৰি আছে
সেইদিনৰ শত-সহস্ৰ সপোনৰ কৰুণ অৱশেষ ;
কিয় গোলকটোৰ বাহিৰে বাহিৰে হস্তমৰ্দন আৰু
ভিতৰি ভিতৰি অহৰহ অমানৱিক প্ৰস্তুতি ! 

এয়াতো নহয় কোনো ল'ৰা ধেমালি 
যে বিশালাকায় পাৰমাণৱিক কাল-স্তম্ভটো 
বেলুনৰ দৰে বতাহৰ ঢৌৱে উৰুৱাই লৈ ফুৰিব
আৰু মাটিৰপৰা
চকুৰে নেদেখালৈকে চাই থাকিব ;
দেখা পাই সিমূৰত আকৌ আন এটা দলে 
কোৱা-কুই কৰিব, 
উলাহত পিছে পিছে দৌৰিব!

কোনদিনানো বাৰু হোৱা নাছিল যুদ্ধ ,
কোনদিনানো বাৰু পাৰ হৈছিল সংকটবিহীন জীৱন ?
হ'লেও পুনৰ মুকলি হৈছিল যুদ্ধকালত বন্ধ হোৱা প্ৰতিটো পথ
নতুন চিন্তাৰ পাত-ফুলেৰে পুনৰ 
ঘূৰি আহিছিল আপোন পাহৰা বসন্ত ।

হয়, মই সেই যুদ্ধৰ কথাকেই কৈছোঁ ;
পৰিণতিৰ দিগন্ত প্ৰসাৰিত নকৰি যিসকল  উদগ্ৰীৱ ;
সেইসকলৰ কথাকেই কৈছোঁ
য'ত কেৱল তেওঁলোকৰেই নহয়, 
তোমাৰ আৰু মোৰো বিৰোধী হৈ 
যুঁজিবলৈ উদ্যত হ'ব পৃথিৱীৰ উপৰিভাগেদি বলি থকা বতাহ, 
বৈ থকা পানী, শিল-ইটা-কংক্ৰীট, সকলো ধাতু আৰু ধাতুৰে নিৰ্মিত আচ-বাব,
শ্ৰম-ঘাম-সংগ্ৰাম,
অতদিনে অৰ্জিত অভিমান থিয় দি থকা 
ভূ-ভাগ । 

কথাবোৰ কৈ কৈ 
নিয়ৰকণাই পৃষ্ঠাবোৰ লুটিয়ায়
আৰু কেইটিমান ক্ষণলৈ 
হয় নিমাত নিতাল!
হয়তো এই মুহূৰ্তখিনিৰ জোখেই যথেষ্ট ;
অক্ষাংশ-দ্ৰাঘিমাংশৰে সজ্জিত ঘূৰণীয়া পৃথিৱীৰ অস্তিত্বক ঘূণীয়া কৰিবলৈ 
১৯৪৫ সদৃশ চকুৰ লুণীয়াৰে এটা পৃষ্ঠা লিখিবলৈ ‍, 
অথবা পৰাক্ৰম প্ৰদৰ্শনৰ প্ৰতিযোগিতাত 
ভস্মাসুৰ হ'বলৈ!

সাগৰ দাঁতিৰ পলিথিন গোটাই দ'ম কৰাৰ দৰে
সেই ছাই চপাবলৈ কিন্তু 
কোনোৱেই নাথাকিব ;
নাথকিব কোনো কাকত এই নীল গ্ৰহ-গৃহটোত
নিয়ৰকণা এটাই পঢ়িবলৈ।



পৃষ্ঠাঃ ২১

আঁতৰি থাকো আহাঁ আজি আমি
-----------------------------------------------------------------
ৰীতা বৰুৱা

আঁতৰি থাকো  আহাঁ আজি আমি
ইজনে সিজনৰ পৰা
সিজনে ইজনৰ 

আজি আৰু তোমাৰ আঙুলিয়ে
স্পৰ্শ নকৰক মোৰ আঙুলি
শৰীৰে শৰীৰ 
নিশাহে নিশাহ

আজি
আঁতৰৰ পৰাই পাতো দিয়া কথা
আঁতৰৰ পৰাই শুনো 
ইজনে সিজনৰ গান, কবিতা...

আজি আঁতৰিলেহে কাইলৈ আমি
আকৌ ওচৰ চাপিব পাৰিম
হাতত হাত থৈ গুচি যাব পাৰিম
সেউজীয়া উপত্যকাটোৰ দিশে
আজি আঁতৰিলেহে...

আৰু আজি নাঁতৰিলে
আজি নাঁতৰিলেযে
ক্ষুদ্ৰ এটি দানৱৰ ভয়ংকৰ সংহাৰত 
আঁতৰিব লাগিব আমি
এই পৃথিৱীৰ পৰাই
চিৰদিনলৈ !

আঁতৰি থাকোঁ আহাঁ আজি আমি...



পৃষ্ঠাঃ ২২
পোহৰ
-----------------------------------------------------------
ৰূপজ্যোতি হাজৰিকা দত্ত

বহুদিন বেলিৰ পোহৰত খোজকঢ়া নাই
তিতা নাই কথাৰ পাকত
সুবাস বিলোৱা বকুলৰ গোন্ধ
বকুলৰ ডালত ধৰি ঘনকৈ উশাহ টানি
মই সোধা নাই
ভালে আছানে তুমি?
সেই বাটত বহুদিন শুনা নাই
দুপৰ বেলা,সুউচ্চ অট্টালিকাৰ পৰা
ভাঁহি অহা কিছিৰ মিছিৰ শব্দ
ৰেডিঅ'ৰ সুৱদী মাতৰ দৰে
তুমি কোৱা পোন বাটে যোৱা
অলপ পোহৰ পাবা
উজুটিত নখ ছিগা বৰশিলটো জানা
তেতিয়াৰ দৰে এতিয়াও পৰি আছে
একেই বাট একেই ঘাট
নাই কোনো নতুনত্ব
সময়ৰ সোঁতত
বোকা পানী দ গাতৰ বাটটোৰ দৰে
বৰশিলটোত অলপ মাত্ৰ
শেলুৱৈ গজিছে
বৰ আশাৰে ৰৈ আছোঁ
এদিন ভাল দিন আহিব
সেই বাটে প্ৰিয় মানুহবোৰ খোজ কাঢ়িব
চিকুণ বাটত দুয়োহাত ধৰি আমিও
পকা বেলিৰ পোহৰত
আকৌ বুলিম জীৱনৰ আধৰুৱা বাট
গৈ গৈ আমি তৰাফুলা আকাশত হেৰাই যাম
উমাল হৃদয়ে হৃদয়ে বিনিময় কৰিম জোনাক ৷



পৃষ্ঠাঃ ২৩

মা ভুল আছিল তোৰ কথাবোৰ
------------------------------------------------------------
গীতৰাজ
জামুগুৰি , জাঁজী, শিৱসাগৰ, ফোনঃ 9577429211


সৰুতে কথা নুশুনোতে তই যে মোক ভয় খুৱাইছিলি
মনত আছেনে তোৰ ?
ৰাতি বাজ নোলাবি ভূতে পাব
দীঘল দীঘল নখ লগা যখিনী ওলাব 
বৰ ভয় লাগিছিল তেতিয়া 
ক’ত আছেনো সেইবোৰ ভূত নাপালো চোন দেখা !

বাদামভজা খাবলৈ দোকানলৈ অকলে যাব খুজিলে যে কৈছিলি
সৌ-খিনিতে পুলিচ আছে নাযাবি
সোপাধৰাই লৈ যাব ওলাই নাযাবি 

এতিয়া ডাঙৰ হ'লোঁ তথাপি ক'বলৈ নেৰিলি 
উগ্ৰপন্থী ওলাইছে ব'ম ফুটিছে নিজানঠাইত অকলশৰে নাথাকিবি 

মা, তোৰ কথাবোৰ ভুল আছিল অ '
ভূতলৈ ভয় নালাগে 
পুলিচলৈ ভয় নালাগে 
উগ্ৰপন্থীও নোলাইচোন আজিকালি 

কিন্তু মোৰ ওলাই যাবলৈ ভয় লাগে আজিকালি 
ঘৰতে থাকিম তোৰ কাষতে থাকিম মা'
তথাপি নাযাওঁ 'মানুহ'ৰ মাজলৈ 
নিজানত অকলেই থাকিম 
তথাপি নাযাওঁ মা সৰহকৈ থকা 'মানুহ'ৰ মাজলৈ 
এতিয়া মোৰ ভয় লাগে 'মানুহ'লৈ 
'মানুহ'বোৰ এতিয়া দানৱ 
সিহঁতৰ হাতবোৰ একো একোখন চোকা অস্ত্ৰ 
ভৰিবোৰ বন্ধুকৰ নলী 
হানি-খুচি শেষ কৰে সভ্যতাৰ শিকলি 

নাযাওঁ মা তোৰে শপত মানুহৰ মাজলৈ নাযাওঁ।



পৃষ্ঠাঃ ২৪

গচকত কেঁকায় শব্দ
------------------------------------------------------------------
গাৰ্গী ভূঞা
যোৰহাট, ফোন: ৯৪৩৫০৯৬৫২২

এদিন এৰাবাটত খোজ দিওঁতে
জোতাৰ তলুৱাত কোণীয়াকৈ লাগি ধৰিল
এটি এঙেৰুৱা শব্দ
ভৰিত খামুচি ধৰি আছে
এয়া চিৎকাৰ নে বিলাপ!

জুয়ে এঙাৰ...
পানীয়ে বৰফ... 
বিমূৰ্ত শব্দৰ অৰ্ধচেতন মুখত 
প্রলাপ...

মই শব্দক সৈমান কৰি
সযতনে জাপি থলোঁ
ডায়েৰীৰ পৃষ্ঠাত

এতিয়া বাটে পথে ভৰিৰ তলুৱাত বৰফ আৰু এঙাৰ
কেতিয়াবা উফৰি পৰে
কেতিয়াবা গচকত কেঁকায়


পৃষ্ঠাঃ ২৫

কালান্তৰৰ সীমনাত
------------------------------------------------------
বৰ্ষা (মৰম) দত্ত
ধেমাজি

নীৰৱ ৰাতিবোৰোত আজিকালি
ভাৱবোৰত আউল লাগিব ধৰে, 
কেতেকী জনীৰ চিঞৰে  নিশাবোৰ গভীৰ কৰি তোলে ।
অনুভৱবোৰ যেতিয়া সাৰ পাই
উশাহবোৰ চুটি হৈ আহে,
বাঁহীৰ সুৰটিয়ে ভাগৰুৱা হিয়াখন 
জীপাল কৰি তুলিছে ।
তুমিটো সাৰে আছা কালান্তৰৰ সীমনাত.... 
 নৈশতাৰ বিষণ্ণতা সামৰি।
 অ' পাহৰিছিলোৱেই 
 এতিয়াটো একবিংশ শতিকা!
 সহিবই লাগিব বহু 
 তিক্ত-মধুৰ অভিজ্ঞতা....
 খিৰিকিৰ কাষৰ জোনাক যাকে 
কাল অমানিশা ভেদি কঢিয়াই আনিছে এবুকু 
পোহৰৰ চানেকি.... 
অনুভৱৰ দলিচাত সাৰ পাই উঠিছে,
বহু জীয়া কাহিনী ...
জাগ্রত হৈছে বেপেৰুৱ 
হিয়াৰ বিননি.... 

কালান্তৰৰ সীমনাত 
এতিয়া ননীৰৱতাৰ শিহৰণি, 
 বেপেৰুৱা হৃদয়ে বিচাৰিছে 
 অসীমৰ ঠিকনাটি.. আৰু 
 দুখন হিয়াৰ চিৰ শ্বাসৰুদ্ধতা।

 কালান্তৰৰ সীমনাত
 ভগ্ন হৃদয়ে বিচাৰি ফুৰিছে 
অন্তিম পৰিচয়টি আৰু 
জীৱন জীয়াৰ এমুঠি প্রতিশ্রুতি...



পৃষ্ঠাঃ ২৬

সপোন যেন বৰষুণ
----------------------------------------------------------------------
পৱন ডেকা
বিহদিয়া  ( বাইহাটা  চাৰিয়ালি, কামৰূপ, গ্ৰাম্য)
দূৰাভাষ- ৭৬৩৫৯৯৪৫৫১


নষ্ট ৰাতি এটাত নষ্ট গদ্য লিখোঁতে
কেইটামান সপোনে আমনি কৰিছিল
নীলা ছাদৰৰ পৰা টপটপাই  
সৰিছিল বৰষুণ --

উদাসীনতাক একাষৰীয়া  কৰি
ৰঙা মদাৰৰ জীপাল অনুভৱক সাৰথি  কৰি 
তোমাৰ নামত কবিতা লিখিম 
তোমাৰ দুষ্ট ওঁঠত  আঁকিম  
বেপেৰুৱা সপ্তসুৰ 

মই বিচাৰি চাম 
খিৰিকিমুখত দুটি ক'লা পখিলা 
দুচকুৰ অবুজ ভাষাত 
প্ৰেমময় সাথৰতাৰ বৰষুণ ।।



**************************


হৃদয়
-------------------------------
জিমি মজুমদাৰ
ঠিকনা - আৰ. জি বৰুৱা নগৰ (নুনমাটি)

অনুভূতিবোৰেই কৰে মোৰ শব্দৰ সংহাৰ
কঢ়িয়াই ফুৰো হৃদয়ৰ ধ্বনিবোৰৰ ঝংকাৰ
সুখ-দুখ এন্ধাৰ-পোহৰ;
পুহি ৰাখিছো সপোন ৰঙৰ পোহৰ।

অাজি মই দায়ী
ভাঙি পৰিল নিঁভাজ ৰঙৰ পুতলাৰ হাঁহি।




পৃষ্ঠাঃ ২৭

বুজনি
...........................
অমিয়া গোস্বামী

তাই মোৰ অতি মৰমৰ 
মোৰ শোৱা-শেবেলুৱা দেহাটোলৈ চায়
বাৰে বাৰে মোক 
দিয়েহি বুজনি
ক'ত বাংফঙীয়া কথাৰে
পাৰ কৰেহি ভয়াবহ নিশা
হিয়াত ওপচায় সাহস
আৰু শকতি
মোক কয় ভেঙুচালি নকৰিবা জীৱনক 
চাবা পুৱাব এদিন গহীন ৰাতি
চৰাইৰ কাকলিত মুখৰিত হব প্ৰভাত




পৃষ্ঠাঃ ২৮

স্বপ্নৰ দিব্যোদক
------------------------------------------------------
নিৰূপণ বৰুৱা
লক্ষীমপুৰ,  অসম

সপোন সকলো সপোন
সপোনৰ মাজেৰেইতো আমাৰ জীৱন
সপোনবোৰ বাস্তৱত ৰূপায়িত কৰি 
অনাবিল আনন্দ প্ৰাপ্তিৰ আশাত
নিৰলে নিৰৱে বাটচাই আছো
সোণালী ভৱিষ্যতলৈ

সময়ৰ ধুমুহাত এৰি থৈ অহা
মোৰ আপোন পঁজাটি
য'ত অতিবাহিত হৈছিল ল'ৰালি
য'ত দেখিছিলো অলেখ সপোন
হৃদয়ৰ সোপানত সিও যেন হৈ ৰ'ল
অশান্তি প্ৰাপ্তিৰ ভগ্ন দাপোন

নিসংগ নিসংগ ভাৱে 
অন্ত কৰি জীৱন পৰিক্ৰমা 
নিঃশেষ কৰি সম্বন্ধৰ পাশ
আগবাঢ়ি যাওঁ নেকি নিৰ্দ্দিষ্ট দূৰলৈ
সংগোপনে আৱেগৰ নদী হৈ
সময়ক  প্ৰত্যাহ্বান জনায়

বাস্তৱিক জীৱনত কাল্পনিক গতিৰে
ৰৈখিক সমীকৰণৰ সমাধান বিচাৰি
অক্লান্ত সৈনিকৰ বোজা লৈ 
সীমান্তৰ শিখৰত উপনিত হৈ
কৰোঁ যদি আলিঙ্গন সময়ৰ লগত
হ'ম নে নিস্কন্তক এই সপোন জগতত !!


পৃষ্ঠাঃ ২৯

এজাক মায়াসনা জোনাকৰ বৰষুণ
-------------------------------------------------------------------------
ৰেখা সন্দিকৈ
ভটিয়াপাৰ, শিৱসাগৰ

ওৰেটো নিশা জোনাক সৰিছিল ,
টোপা টোপে  চিঞাহীৰ বৰষুণত
উকা কাগজখন পূৰ্ণ  হৈছিল ৷
 
আস্ ...মধুবালা...
জোনাকৰ বৰষুণ জাকত 
তোৰ প্ৰগাঢ় ভালপোৱাবোৰৰ জেউতি চৰিছিল,

ওৰণিৰ তলতে আঁকিছিলি
লাজকুৰীয়া বেলিৰ মুখা ,
গঢ়ি তোলাৰ কথা  
সেউজীয়া  ধৰণী ৷

সুৱাস বিলাই
মৌন  ওঁঠত মোৰ ছটিয়াই দি গ’লি
ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে এটি মিঠা আস্বাদন
কি যে মায়াসনা
জোনাকৰ বৰষুণ ৷
 



পৃষ্ঠাঃ ৩০


অনুভৱঃ

আদ্যা


দুপৰীয়াৰ খোৱা–ধোৱা সামৰি কাঞ্চন সোমাই আহিল আহল বহল কোঠাঁ লৈ বুলি। দুৱাৰ খন খুলি খৰ ধৰ কৈ ইফালে সিফালে পৰি থকা বস্তুবোৰ সাঁমৰাত লাগিল।আহল বহল কোঠাটোৰ সোঁফালে এখন ডাঙৰ মেজত অনবিষ্ট হৈ পৰি আছে কিছু পেইণ্ট ব্ৰাছ, এখন বহী আৰু কিছু ৰঙীন পেঞ্চিল। তাৰ ওপৰেৰে পকী বেৰখনত আৰি থোৱা আছে ডাঙৰ ডাঙৰ ভাৰত তথা বিশ্বৰ ৰাজনৈতিক আৰু ভৌগোলিক মেপ বোৰ। কাষৰ ৰেকত থোৱা আছে এটা গ্ল'ব, ঠাকে ঠাকে সজোৱা আছে 'ফ্ৰণ্টলাঁইন' , 'ডাউন তু অৰ্থ' , ' কুৰুক্ষেত্ৰ'।বহল বিছনা খনৰ এটা কোনত পৰি আছে দেখিলে পঢ়ো পঢ়ো লগা এম লক্ষ্মীকান্ত, ইতিহাসৰ স্প্রেক্ট্ৰাম । কিছু সময় ইফাল সিফাল কৰি কাঞ্চনে এৰি দিলে নিজকে বহল বিছনা খনৰ এটা কোনত। বিছনাৰ কাষৰ ডাঙৰ খিৰিকীৰ স্বচ্ছ কাচেৰে জিলিকি উঠিছে সোণ বৰণীয়া ৰ'দ এচমকা। কাষতে বহি তাই এবাৰ চুই চালে। উকা হাত দুখনত জিলিকি উঠিল সোণালী আভা। দুচকু মুদি খিৰিকীৰ সবল গ্ৰীল বোৰত খামূচি ধৰিলে। গলি যাব ধৰিলে বুকুত হেচা মাৰি ধৰা সপোনৰ গ্লেচিয়াৰ বোৰ... জিলিকি উঠিল ভালপোৱা সিক্ত দুটি মুকুতা। মুক্ত কৰি দিব মন গ'ল নিজকে ভালপোৱাৰ আবেষ্টনীৰ পৰা।মুক্ত মনে উৰিব মন গ'ল হালধীয়া পথাৰৰ মাজত । লিখি দিব মন গ'ল লিখোঁ নিলিখোঁ কৈ থকা হৃদয়ৰ মমতা। কিয় আঁতৰি আহিল তাই সপোন জগতৰ পৰা! কাৰ বাবে ! কিয় পৰি ৰ'ল উজগৰী নিশা ৰ সপোন, সাধনা, কষ্ট, অধ্যয়ন ! কিয় ধুলিয়ে সৱটিলে জ্ঞানৰ পথ..... নাৰীত্ব ..আহ ! বুকুত বাৰে বাৰে আঘাত কৰি যোৱা এক অনুভৱে যেন পাৰ কৰি দিব বিচাৰে জীৱনক ভালপোৱৰ সীমা। ছিঙি দিব মন গ'ল সম্পৰ্কৰ বান্ধ । ভাঙি দিব মন গ'ল সংস্কাৰৰ আবেষ্টনী... অবোধ বিশ্বাস আৰু শক্তিৰে তুলি ল'লে দুহাতত কোনত পৰি থকা নীল বৰণী জ্ঞানৰ পোহৰ, সপোন আৰু দিঠকৰ মাজৰ একসেতু....".স্প্রেক্ট্ৰাম"। পঢ়ি গ'ল ইতিহাস-এ ধ্বংস কৰা বৌদ্ধ বিহাৰ , বৌদ্ধ স্তুপ , মঠ মন্দিৰৰ জিলিকা ভগ্নাংশৰ  ঐতিহ্য গাথা । এতিয়া সকলো পোহৰ...সকলো জ্যোতিস্মান.... সকলো উজ্জ্বল।
'মা' !...কাচৰ দুৱাৰ খুলি উদং ভৰিৰে সোমায় আহিল স্নিগ্ধ, উজ্জ্বল, হৃদয় জোৰ পেলোৱা এসোতা পানীৰ দৰে নৱজীৱন । এগজ চাকিৰ স্পৰ্শত যেন জ্বলি উঠিল সেমেকা দুচকু।সৰি পৰিল দুহাতৰ স্প্রেক্ট্ৰম.... জাগী উঠিল মমতাময় আদ্যা।ইয়াতেই যেন শেষ হয় সকলো আবেষ্টনী যেন লগা অনুভৱ.....ইয়াতে আৰম্ভ হয় জীৱন জীয়াৰ তাৰণা।

কৃষ্ণাঁ দেৱী
টিহু



পৃষ্ঠাঃ ৩১


নিৱন্ধঃ


ডাষ্টবিন -সৌন্দৰ্যৰ ব্যতিক্ৰমী প্ৰতীক

'ডাষ্টবিন' বুলিলে মনলৈ প্ৰথমেই আহে পথৰ কাষৰ পেলনীয়া সামগ্ৰীৰে ভৰি থকা এটা বাকচ l যাৰ 'দুৰ্গন্ধ'ৰ পৰা হাত সাৰিবলৈ নাক মুখত সোঁপা দিব লগীয়া পৰিস্থিতিৰ আমি প্ৰায় সকলোৱেই সন্মুখীন হৈছোঁ l তথাপি কিয় জানো জাবৰ পেলোৱা সেই বাকচটোক লেতেৰা বুলিবলৈ মন নাযায় । 
অন্য হাতেদি সৌন্দৰ্য বুলিলে মনলৈ আহিব পাৰে এখন ধুনীয়া ফুলনি বা সুগন্ধ বুলিলেই মনলৈ আহিব পাৰে ফুলৰ সুবাস। এতিয়া প্ৰশ্ন হয় যি পাহ ফুলে চৌপাশে সুগন্ধি বিলাই সৌন্দৰ্যৰ প্ৰতীক ৰূপে  আমাৰ মনত স্থান অধিকাৰ কৰিছে , তাৰ তুলনাত যিটো ডাষ্টবিনে চৌপাশৰ পৰিৱেশৰ আৱৰ্জনাবোৰক নিজৰ মাজত সামৰি পৰিৱেশটোক পৰিষ্কাৰ কৰি ৰাখিছে,সেইটো ডাষ্টবিনক সৌন্দৰ্যৰ প্ৰতীক বুলি অভিহিত কৰিবলৈ আমি সংকুচিত হওঁ কিয় ? আজিৰ দিনত কোন বাৰু ৰৈ থাকিব  ' মোক ব্যৱহাৰ কৰা'  (use me)বুলি নিস্বাৰ্থ সেৱা আগবঢ়াবলৈ ? একমাত্ৰ ডাষ্টবিনেই এই আহ্বান লৈ ৰাজহুৱা স্থানবোৰত ৰৈ থাকে l প্ৰকৃতাৰ্থত 'স্বচ্চতাই সেৱা' ৰ মমাৰ্থ ডাষ্টবিনেই বুজি পায় আৰু নিৰৱে পালন কৰে নিজৰ দায়িত্ব l ডাষ্টবিন স্বচ্চতাৰ মৌন সাধক। 
মাজে মাজে ভাবো এটা ডাষ্টবিন আমাৰ মনৰ মাজতো স্থায়ী ৰূপত স্থাপন কৰিব লাগে যি নেতিবাচক চিন্তাসমূহক নিজৰ মাজলৈ আঁজুৰি সামৰি ৰাখিব ,মন মগজুত শিপাব নোৱাৰাকৈ l সচাঁই এটা ডাষ্টবিনৰ বৰ প্ৰয়োজন মনৰ মাজত l 
সু-সভ্যতাৰ এটা প্ৰতীক হোৱা উচিত ডাষ্টবিন l সৌন্দৰ্যৰ অন্বেষণত গৃহ সজ্জাৰ অত্যাধুনিক সামগ্ৰী সমূহৰ সমান্তৰালকৈ প্ৰতিটো ঘৰৰ প্ৰতিটো কোঠালিতে এটি ডাষ্টবিনৰ স্থান অত্যাৱশ্যকীয় আৰু অপূৰণীয় l
গতিকে দৈনিক জীৱন পৰিক্ৰমাত আৱৰ্জনাৰূপে চিহ্নিত সামগ্ৰী সমূহ গাড়ীৰ খিৰিকীৰে পেলোৱাৰ আগতে বা ৰাস্তাৰ  কাষলৈ দলিওৱাৰ আগতে সু-সভ্য সমাজৰ স্বচ্চতাৰ মৌন সাধক ডাষ্টবিনৰ সন্ধান কৰোঁ আহক । আমি পেলোৱা আৱৰ্জনা সমূহ ডাষ্টবিনতহে পেলাওঁ আহক‌। সন্মান জনাও আহক স্বচ্চতাৰ মৌন সাধক জনৰ মৌনতাৰ প্ৰতি l

ঋতুপৰ্ণা দত্ত
টিয়ক, বনাই



পৃষ্ঠাঃ ৩২
নিৱন্ধঃ
চিত্ৰ কলা আৰু ইয়াৰ প্ৰয়োজনীয়তা

দুলাৰী কাকতি



বৰ্তমান অসমত চিত্ৰ কলাৰ শিক্ষা প্ৰতি থকা আগ্ৰহী ছাত্ৰ - ছাত্ৰী অনেক দেখিবলৈ পাইছোঁ । মহাভাৰত যুগত চিত্ৰলেখাই উষা ক অনিৰুদ্ধ ৰ   ছবি আঁকি দিয়াৰ প্ৰমাণ বুৰঞ্জী ত লিপিবদ্ধ আছে । অসমত চিত্ৰ শিল্পীৰ বিকাশত বৰঙণি আগবঢ়োৱা কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ নাম উল্লেখনীয় । চিত্ৰ শিল্পীৰ বিষয়ে হয়তো মই লিখি শেষ কৰিব নোৱাৰিম , এক বিশাল ইতিহাস ।
অসমৰ নগৰ - চহৰ গাঁও আদি সকলো অঞ্চলতে চিত্ৰ শিল্পৰ প্ৰণালীবদ্ধ ভাৱে বহু শিক্ষানুস্থানৰ যোগেদি ছাত্ৰ - ছাত্ৰীৰ সকলে শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ সুবিধা আছে , লগতে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়তো চিত্ৰ কলাক এটি বিষয় হিচাপে অন্তৰ্ভুক্ত কৰি ইয়াক প্ৰণালীবদ্ধ ভাৱে শিকোৱাৰ ব্যৱস্থা কৰা হৈছে ।
চিত্ৰ কলাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত মই কিছু উদাহৰণেৰে চমু আভাস দিছোঁ,
১) প্ৰয়োজন (Necessary)
২) নিচা (Passion)
৩) পেচা (Profession)   
১)প্ৰয়োজন(Necessary):  যিহেতু  আমি সৰুৰে পৰা কিছুমান শিশুক চিত্ৰ কলাৰ  প্ৰতি  আগ্ৰহী দেখোঁ তেনে শিশুক চিত্ৰ কলাৰ বহুত প্ৰয়োজন হয় । মই ভাবো   চিত্ৰ কলাৰ শিক্ষা কেৱল  Certificate মাজত সীমাবদ্ধ থাকিব নালাগে । বহু উচ্চশিক্ষাত যেনে Architecture, Doctor ,  Fashion & Science student তাৰ উপৰিও আজি কালি School Project আদিপাঠ বোৰত চিত্ৰ কলা জনা জনৰ  অলপ সুবিধা হয় । সেয়ে চিত্ৰ কলাৰ প্ৰয়োজনীয়তা অধিক বুলি  ভাবোঁ ।
২) নিচা(Passion) : মই ভাবো চিত্ৰ কলাত এক আসক্তি আছে, এক সীমাহীন বিদ্যা যাৰ কোনো অন্ত নাই। যি কোনো বয়সৰ ব্যক্তিৰ মাজত চিত্ৰ কলাৰ প্ৰতি আসক্তি ভাৱ দেখিবলৈ পোৱা গৈছে । 
৩) পেচা (Profession): অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ চিত্ৰ কলাৰ চৰ্চা তথা বিকশিত হৈ আহিছে । বিশ্ব বিখ্যাত চিত্ৰ শিল্পী সকলে চিত্ৰ কলাক নিচাৰ পৰা পেচালৈ পৰিবৰ্তন কৰিছিল । এই পেচা ক আমি ও উপাৰ্জন স্থলী কৰি লব পাৰোঁ । ( অসমত বাৰু চিত্ৰ কলাৰ স্থানৰ বিষয়ে কবলৈ অলপ দিগদাৰ)
ভাৰতীয় লোক কলাৰ অন্য এক উল্লেখনীয় লোক কলা হৈছে বেঈঁল লোক কলা ,কালি ঘাট মন্দিৰ ৰ পটচিএৰ  কাৰণে বেঈঁল লোক কলা বিখ্যাত । বিহাৰ ৰ লোক কলা বিখ্যাত মধুবনি কলাৰ শৈলীৰ বাবে । থিক উৰিষ্যাৰ বিখ্যাত লোক কলা সমূহৰ ভিতৰত ভগৱানৰ প'ট চিত্ৰ, বিভিন্ন ধৰণৰ গছ , হাতী,  চৰাই লগতে মানৱ দেহৰ অংকণ আদি উল্লেখনীয় 
চিত্ৰ কলাৰ বহু দিশ আছে তাৰ ভিতৰত উৰিষ্যাৰ প'ট চিত্ৰ বিষয়ে ক'বলৈ লৈছো, উৰিষ্যাৰ প'ট চিত্ৰ ৰ অৰ্থ প'ট মানে কাপোৰ আৰু চিত্ৰ মানে ছবি । এই প'ট চিত্ৰ বোৰত চিত্ৰ কাৰে অতি সুক্ষ্ম ভাৱে কাম কৰা দেখা যায় , লগতে Grammatical proposition অতিসুন্দৰ । প'ট চিত্ৰ ৰ চিত্ৰ কাৰে সুন্দৰ ভাৱে হাতৰ মুদ্ৰা, চকুৰ ভংগী মান, আৰু মানৱ শৰীৰৰ লালিত্য য'ত ফুটি উঠাই। এই লালিত্য ৰ সৃষ্টি আঁৰত আছে উৰিষ্যাৰ নৃত্য ।
উৰিষ্যাৰ প'ট চিত্ৰ কাৰে আগৰ দিনত ভগৱান জগন্নাথ মন্দিৰ সমীপত বহি চিত্ৰ আঁকিবলৈ লয় , লাহে- লাহে জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ অহা লোক সকলকে চিত্ৰ ৰ প্ৰতি আকৰ্ষিত হৈ চিত্ৰ ক্রয় কৰিবলৈ ধৰিলে । মই নিজেই পুৰি দৰ্শন কৰিবলৈও যাওঁতে ভগৱান জগন্নাথ ছবি কিনি আনিচিলো। Hindu Mythology and specially inspired by lord Jagannath, তাৰোপৰি উৰিষ্যাৰ প'ট চিত্ৰ চিত্ৰকাৰ নাম লিখি শেষ কৰিব নোৱাৰি। মই তাৰে ভিতৰত লগ পোৱা উৰিষ্যাৰ প'ট চিত্ৰ চিত্ৰকাৰ নীল মাধৱ চাহু (Neela Madhav Sahoo)।তেখেতৰ চিত্ৰ কলাৰ এক সুকীয়া স্থান আছে, উদাহৰণ স্বৰূপে অলংকাৰী হাতী ৰ পটচিএ ( Ornamentical Elephant)অতি মোহময়ী লগতে তেখেতৰ হাতৰ পৰশত প্ৰাণ পায় উঠিছে বিভিন্ন সুন্দৰ সুন্দৰ প'ট চিত্ৰ, পুৰুষ মহিলাৰ উভয়ৰে সাজ পাৰ , wall painting etc......
মই অসমৰ বা ভাৰতবৰ্ষৰ বিশিষ্ট চিত্ৰ শিল্পীৰ বিষয়ে লিখি হয়তো শেষ কৰিব নোৱাৰিম । যিহেতু মই চিত্ৰ শিল্পীৰ ওপৰত লেখাৰ উদ্দেশ্য হ'ল  - অসমৰ চিত্ৰ শিল্পীৰ সমাজৰ উন্নতি সাধন।  এই বিষয়টো নিৰ্ভৰ কৰিছে ৰাইজৰ আশীৰ্বাদৰ ওপৰত। আমি শিল্পী সকলে ৰাইজৰ আৰ্শীষ পালেহে চিত্ৰ শিল্পীৰ সাধনা অটুট ৰাখি  সকলোৱে সুন্দৰ মন আৰু ৰোগ মুক্তি হৈ নতুন নতুন সৃষ্টিৰ চিত্ৰ আবিস্কাৰ কৰিব পাৰোঁ। আশা কৰোঁ অসমৰ ৰাইজৰ আশীৰ্বাদত আমি চিত্ৰ শিল্পী সকলে অনাগত দিনত এখন সুন্দৰ মঞ্চ পাম।
শেষত মোক উৎসাহ আৰু সহযোগ কৰা ডঃ প্ৰদীপ কুমাৰ বক্ষ চাৰ, উৰিষ্যাৰ চিত্ৰকাৰ নীল মাধৱ চাৰ আৰু শ্রীযুত মনজিৎ ডেকা চাৰ লৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ ।
( উৰিষ্যাৰ নীল মাধৱ চাৰ পটচিএ সমুহ উল্লেখ কৰিছো)



পৃষ্ঠাঃ ৩৩

গ্ৰন্থ সমালোচনা:

মোৰো এটা সপোন আছে
ডঃ ৰুবুল মাউত


          "মোৰো এটা সপোন আছে" গ্ৰন্থ খন ডঃ ৰুবুল মাউত দেৱৰ এখন উপন্যাসউপম আত্মজীৱনী।বৰ্তমান ৱাছিংটন বিশ্ববিদ্যালয়ত স্কুল অৱ মেডিচিনত গৱেষণাৰত গৱেষক বিজ্ঞানী তথা ইনভেশ্যন ফেলো হিচাবে কৰ্মৰত লেখক ডঃ মাউত দেবে শৈশৱ আৰু যৌৱনত দৰিদ্ৰতা আৰু নানান প্ৰতিবন্ধকতাৰ বিৰুদ্ধে অশেষ সংগ্ৰাম কৰিও কেনেদৰে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল তাৰে এক হৃদয়স্পর্শী কাহিনী অত্যন্ত সংবেদনশীল ভাৱে গ্ৰন্থখনত লিপিবদ্ধ কৰিছে। শৈশৱ, সংগ্ৰাম, সুযোগ আৰু দেউতাৰ অসুখ এই চাৰিটা অধ্যায় বা খণ্ডত বিভক্ত কৰি লিখা কিতাপ খনত বৰ্ণনা কৰা হৈছে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ টঙনা ন গাঁও নামৰ এখন অতি পিছপৰা গাঁৱৰ পৰা লেখকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুচেটছ বিশ্ববিদ্যালয়লৈ কৰা এক অপ্ৰতিৰোধ্য যাত্ৰা ৰ সাৱলীল বিৱৰণ।প্ৰতিবন্ধকতাৰ মাজতো সপোন দেখা যি কোনো ছাত্র-ছাত্ৰীৰ বাবেই এই গ্ৰন্থ খন দৰাচলতে জীৱন গঢ়াৰ এক আমোঘ অস্ত্ৰ স্বৰূপ।নিজৰ সংগ্ৰামী জীৱনৰ বৰ্ণনা দিবলৈ গৈ তেখেতে এঠাইত লিখিছে,"যি ল'ৰা ছোৱালীয়ে হাজাৰ প্ৰতিকূলতাকো নেওচি দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য পালন কৰি গৈছে তেওঁ লোকেই মানৱ সমাজৰ আছল সম্পদ।" দৰিদ্ৰতা উচ্চাকাংক্ষাৰ হেঙাৰ নহয় এই মূল কথাষাৰ প্ৰতিপন্ন কৰিবলৈ গৈ ডঃ মাউত দেৱে অকপটে লিখি গৈছে ছাত্ৰ জীৱনত কৰিব লগা হোৱা প্ৰতিটো কামৰে পুংখানুপুংখ বিৱৰণ। স্ব-পঠনৰ মহিমাৰ পৰা শাৰীৰিক কৃচ্ছ্ৰসাধনলৈকে সকলো গুণ আয়ত্ত কৰাৰ পাছত লেখকৰ আত্মপ্রত্যয় জন্মিছে যে ৰিজালতেই দৰিদ্ৰতা বিনাশৰ একমাত্ৰ অস্ত্ৰ। এই অস্ত্ৰ কে সাৰথি কৰি ছাত্ৰজীৱনৰ প্ৰতিটো স্তৰ অতিক্ৰম কৰি  সফলতাৰ শিখৰত আৰোহণ কৰাৰ পাছতো লেখকৰ ঘৰখন আৰু পিতৃ মাতৃৰ প্ৰতি থকা দায়বদ্ধতা গ্ৰন্থখনৰ এটা উল্লেখযোগ্য দিশ।
      ডঃ মাউতদেৱে ব্যক্তিগত কাহিনীৰ মাজে মাজে অতি নিষ্ঠা সহকাৰে পাঠকক দি গৈছে তেখেতৰ গৱেষণালব্ধ জ্ঞানৰ বিমল সোৱাদ। সকলো শ্ৰেণীৰ পাঠকৰ বাবেই সুখপাঠ্য হ'ব পৰা গ্ৰন্থখনত অনুসন্ধিৎসু সকলক মানৱ দেহৰ কোষ বিভাজন, জিনীয় আদান প্ৰদান আদিৰ বিষয়ে অনেক জ্ঞানৰ যোগান ধৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ সম্মুখত মুকলি কৰি দিয়া হৈছে প্ৰজ্ঞাৰ এখন নতুন জগত। অধ্যাৱসায় আৰু সুযোগৰ সুসমন্বয়ৰ যোগেদি জীৱনটোক সুষম গতিৰে আগবঢ়াই লৈ যোৱা লেখকে উপলব্ধি কৰিছে জীৱনটো এখন Treaser Hunt খেলৰ দৰে। এই খেলখনত এটা অমূল্য সম্পদ লুকুৱাই থোৱা থাকে। খেলৰ আৰম্ভণিতে বস্তুটো কি তাকো জনা নাযায়। কেৱল এই সম্পদ বিধ বিচাৰিবৰ বাবে কিছুমান তথ্য দিয়া থাকে। এই তথ্যৰ সহায়ত এটাৰ পিছত আন এটা clue ব্যৱহাৰ কৰি লক্ষ্য খেদি গৈ থাকিলে অৱশেষত সম্পদবিধ বিচাৰি উলিয়াব পাৰি। কলেজত শিক্ষকতা কৰাৰ লক্ষ্য আগত ৰাখি নেট  পৰীক্ষা দিবলৈ গৈ কঠোৰ অধ্যয়ন কৰাৰ ফল স্বৰূপে লেখকে লাভ কৰিছে C,S,I,R ৰ জে আৰ এফ। যাৰ ফলত মুম্বাইৰ Tata Institute of fundamental research (T.I.F.R) ত গৱেষণা কৰাৰ সুযোগ পাইছে। মুম্বাইৰ এই বিখ্যাত প্ৰতিষ্ঠানটোত গৱেষণা কৰাৰ বাবে তেখেতৰ আমেৰিকাত গৱেষণা কৰিবলৈ যোৱাৰ আন এটা সপোনে পাহি মেলি কেনেকৈ আগবঢ়াই লৈ গৈছে তাৰ এক সুন্দৰ বিৱৰণ গ্ৰন্থখনত দিয়া হৈছে। তদুপৰি তৃতীয় খণ্ডত সন্নিৱিষ্ট  ডঃ জাৰুৰীৰ লেবৰেটৰীত তেখেতে মেলেৰীয়া ৰোগৰ প্ৰতি ৰোধক গেলডেনমাইচিন আৱিস্কাৰৰ পৰা আধুনিক বিজ্ঞানৰ এক যুগান্তকাৰী আবিস্কাৰ জিন এডিটিং পদ্ধতি লৈকে অতি জটিল কথাবোৰো ইমান সৰল ভাবে ফঁহিয়াই দেখুৱাইছে যে যি কোনো মানুহেই এই কথাবোৰ অধিক জনাৰ বাবে আগ্ৰহী হৈ উঠিব। আমেৰিকাত গৱেষণা ৰ বাবে নিৰ্বাচিত হওঁতে তেখেত যেন treasure hunt খেল খনৰ শেষৰ ঢাপত উপস্থিত হৈছে আৰু জিন এডিটিংৰ এখন নতুন পৃথিৱীত প্ৰৱেশ কৰিছে।
          উল্লেখযোগ্য যে মানৱ কোষৰ ত্ৰুটি পূৰ্ণ জিন সম্পাদনাৰ যোগেদি বহুতো জেনেটিক ৰোগ নিৰ্মূল কৰাৰ বাবে গৱেষণাত ব্যস্ত থাকোঁতেই তেখতৰ পিতৃ   আক্ৰান্ত হৈছে পাৰকিনচনৰ দৰে এক  দুৰাৰোগ্য জেনেটিক ৰোগত; যাৰ কোনো চিকিৎসাই নাই। দৰিদ্ৰতাৰ সকলো গণ্ডী ওফৰাই নিজ পুত্ৰক বিশ্বৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত বিজ্ঞানৰ গৱেষণাৰ বাবে উপযুক্ত
  কৰি তোলাত শ্ৰেষ্ঠতৰ ভূমিকা পালন কৰা পিতৃৰ
চিকিৎসা বিহীন মৃত্যু ৱে লেখকক ব্যথিত কৰি তোলাৰ লগতে এক নতুন ভাৱনাৰে আলোৰিত কৰিছে। অভাৱ অনাটনে শীৰ্ণ কৰা  আমাৰ সমাজৰ কোটি কোটি মানৱৰ স্পন্দন আৰু সপোনবোৰ তেওঁৰ কাণত প্ৰতিধ্বনিত হৈছে আৰু বুকুত পুহি ৰখা এই জীয়া সপোনবোৰৰ গৰাকীয়ে যেন তেওঁক ৰিঙিয়াই কৈছে হয় , মোৰো এটা সপোন আছে।।   

যুগুতালেঃ
শ্ৰী  বীণা বৰুৱা
জাঁজী জামুগুৰি, শিৱসাগৰ




পৃষ্ঠাঃ ৩৪

ঠাই বিশেষঃ

অসমৰ অন্যতম পৰ্যটনকেন্দ্ৰ
উকিয়াম



     অসম-মেঘালয় প্ৰান্তৰ অন্য এক পৰ্যটনস্থলী হৈছে উকিয়াম | নদী, নিজৰা তথা ঘন হাবিৰে ভৰা উকিয়ামৰ প্ৰাকৃতিক সৌন্দৰ্য্য সঁচাকৈয়ে মনোমোহা | 37 নং ৰাষ্ট্রীয় ঘাইপথেৰে গৈ ছয়গাঁওৰ পৰা দক্ষিণদিশে ঔগুৰী পথেৰে প্ৰায় 25 কিমি. পাহাৰীয়া একা-বেঁকা পথ অতিক্ৰম কৰি প্ৰকৃতিৰ এই অনন্য লীলা উপভোগ কৰিব পাৰি | এই ঠাইখন ঘাইকৈ গাৰো আৰু খাছী সম্প্ৰদায়ৰ লোকেৰে পৰিপূৰ্ণ | মেঘালয়ৰ বক্ষৰ পৰা ঝৰ্ণাৰূপে নামি আহি চিৰি, ঘাগা আৰু দ্ৰোণ এই তিনিটি নামেৰে নৈকেইখনে উকিয়ামৰ মাজমজিয়াত আহি ত্ৰিবেণী সঙ্গমৰ ৰূপান্তৰ ঘটাইছে | শিলনিৰে ভৰা নৈখনিৰ বুকুত সলিল ৰাশিয়ে ঠেকা খাই সুমধুৰ সুৰ-সমলয়ৰ প্ৰতিধ্বনি তোলে, য'ত আমি যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি নিজকে অন্য ৰূপত চোৱাৰ মিঠা আমেজ পাঁও | উকিয়ামৰ নদীত প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ বাহিৰেও গুগুৰা মাছ, শিলকামাৰা মাছ আৰু বহু প্ৰজাতিৰ মাছ-কাছ পোৱা যায় | নৈৰ পাৰতেই নাঁও লৈ নাৱৰীয়াসকলে পৰ্যটকক নৌকাবিহাৰৰ সোৱাদ দিবলৈ অপেক্ষা কৰি থাকে | অৰণ্যৰ মাজত কেতিয়াবা চিকাৰীৰ কাঁড়ৰ আঘাতত আৰ্তনাদ কৰি উঠা অসহায় হৰিণাৰ মাতো শুনিবলৈ পোৱা যায় |ইয়াৰোপৰি ঋতুভেদে ইয়াত বিভিন্ন চিনাকী-অচিনাকী পৰিভ্ৰমী চৰাইৰ পয়োভৰ দেখিবলৈ পোৱা যায় | নদীৰ ওপৰত থকা ওলমা দলঙে অসম আৰু মেঘালয়ক সংযোগ কৰিছে | পৰ্যটকসকলৰ বাবে এই দলংখনো আকৰ্ষণৰ মধ্যমণি | চেগুন গছৰ সেউজীয়া শোভাৰ মাজত উকিয়াম বন পৰিদৰ্শন বঙলাটো অৱস্থিত | ইয়াৰ গাতে অতীজতে প্ৰকৃতি প্ৰেমি ইংৰাজসকলে সজা কাঠৰ চাং বঙলা এটাও জৰাজীৰ্ণ ৰূপত সংলগ্ন হৈ আছে | এই বঙলাটোৰ পূবদিশে নাৱেৰে নদীখন পাৰ হৈ দুখোজমান আগুৱাই গ'লেই অপূৰ্ব জলপ্ৰপাত ধাৰা পোৱা যায় | দেখিলে এনে লাগে যেন সৰগৰ পৰা দেৱতা নামি আহি দুচকুত মোহিনীবাণ মাৰি থৈ গ'ল |
      উকিয়ামৰ মাজমজিয়াত প্ৰতি সোমবাৰে সাপ্তাহিক বজাৰ এখন অনুষ্ঠিত হয় | ইয়াত বিভিন্ন ধৰণৰ  পাহাৰীয়া খাদ্য সম্ভাৰৰ লগতে বিভিন্ন লাগতিয়াল বয়-বস্তু, জনজাতীয় সাজ-পাৰো পোৱা যায় | নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ দেশী-বিদেশী বহু পৰ্যটকে উকিয়ামৰ নিভাঁজ সৌন্দৰ্য্য পান কৰিবলৈ ভিৰ কৰে | প্ৰতি বছৰেই ডিচেম্বৰ মাহত তিনি দিনীয়াকৈ নদী উৎসৱ পতা হয় | নদী উৎসৱ উপলক্ষে নদীৰ পাৰত খেৰেৰে আটকধুনীয়াকৈ খেৰীঘৰ, চাংঘৰ সজা হয় | বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উপৰি এই উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা মৎস্য চিকাৰ প্ৰতিযোগিতাই অন্য এক মাত্ৰা প্ৰদান কৰে | 
       বৰ্তমান সময়ত এচাম দুষ্টচক্ৰৰ লোকে উকিয়ামৰ বনাঞ্চলৰ লগতে জীৱকুললৈও অন্ধকাৰ নমাই আনিছে | এনেদৰে অনিয়ন্ত্ৰিতভাৱে কু-কাৰ্যকলাপ চলাই গ'লে এদিন নিমিষতে পৰ্যটনস্থলী ধ্বংসস্তূপলৈ ৰূপান্তৰিত হ'ব | সেয়েহে আমি আটায়ে সজাগ হ'বৰ হ'ল, মূৰ দাঙি থিয় হ'বলৈ হ'ল নৱপ্ৰজন্ম | কাৰণ আমাৰ ওচৰতে থকা একো একোখন তপোবন ধ্বংসকাৰীৰ কালগৰাহৰ পৰা বচাই ৰখাৰ শক্তি মাথোঁ নকৈ উঠি অহা মানৱ সম্পদৰ | মোৰ সৈতে আপুনিও এনে এজন প্ৰকৃতি প্ৰেমি হৈ হাতে হাত ধৰি সেউজী ধৰিত্ৰীক ন-ৰূপত সজাই তুলিবলৈ ককালত টঙালি বান্ধক | প্ৰকৃতি অবিহনে আমি জীয়াই থকা অসম্ভৱ | অপৰূপ সৌন্দৰ্য্যৰ অধিকাৰী হৈও উকিয়ামে অতি বেদনাৰে মৰা উকিবোৰ আজিও মোৰ কাণত অহৰহ ৰিণি ৰিণি বাজি আছে | শান্তি-শৃংখলা বজাই ৰাখি নিচেই কাষৰতে থকা মনোৰম মাধুৰ্য্যৰে ভৰপূৰ ঠাইখন এবাৰ নিজ চকুৰে পৰ্যৱেক্ষণ কৰিবলৈ মই পাঠক সমাজক অনুৰোধ জনালোঁ |

হিমপৰশা ৰাভা
দ্বিতীয় ষাণ্মাসিক
সন্দিকৈ ছোৱালী মহাবিদ্যালয়


পৃষ্ঠাঃ ৩৫

গল্পঃ

জীয়া কলিজাৰ আৰ্তনাদ


প্ৰীতিলেখা বৰা
নগাঁও (অসম)

: বেঙা ঐ , জেওৰাখনৰ গোঁজকেইটা পুতি দিবিহিচোন।
: ঔ বেঙা, খৰি দুডালমান ফালি দিবিহিচোন ৷
: বেঙা , মাটিমাহৰ খাৰ ৰান্ধিছোঁ ৷ ভাত আজি ইয়াতে খাবি দেই ৷
এইয়া বেঙা ৷ চুবুৰিটোৰ বেঙা , এটা বাঢ়ি থকা মানুহ ৷ কেতিয়াবা দিনত চুবুৰিৰ ইঘৰ সিঘৰত ইটো সিটো কৰি দি ভাত খাই ফুৰিলেও ৰাতি অৱশ্যে সাবিত্ৰী আইৰ ঘৰতহে খায় ৷ শুৱেও ৰাতি তাতে ৷ ক’বলৈ গ’লে আজি পোন্ধৰ বছৰ ধৰি তাৰ একমাত্ৰ আপোন ঠিকনা সেই খন ঘৰেই ৷ এদিন শনিবৰীয়া সাপ্তাহিক হাটত ঠেলা এখনৰ গইনা লৈ নাকৰ পানী উজাই উচুপি থকা অৱস্থাতে নৰেনে তাক পাইছিল ৷ বিচাৰ্-খোঁচাৰ্ কৰি অভিভাৱক কোনো নোপোৱাত বেপাৰী কিছুমানক নিজৰ ঠিকনাটো বুজাই দি সন্ধিয়া নৰেনে ঘৰলৈকে লৈ আনিছিল তাক ৷ সাবিত্ৰীয়েও আবৰি সামৰি লৈছিল ৷ সেই যি আহিল আৰু আহিল ৷ তাক বিচাৰি কোনেও কাহানিও নৰেনৰ ঘৰ নোলালগৈ ৷ তাৰ বয়স তেতিয়া আঠ নে দহ মান হৈছিল চাগৈ ৷ দিন বাগৰাৰ লগে লগে সি নৰেনৰ ঘৰৰ চতুৰ্থজন সদস্য হৈ পৰিছিল ৷ সাবিত্ৰী আৰু নৰেনে তাক পোনা বুলি মাতিবলৈ ল’লে ৷ পিছে তেতিয়ালৈও মুখৰ স্পষ্ট কথা নুফুটা পোনাক চুবুৰিৰ ইটোৱে সিটোৱে বেঙা বুলি মাতোতে মাতোতে তাৰ নামেই বেঙা হৈ পৰিল ৷ নৰেনৰ পুতেক দুলালে কিন্তু বেঙাক বৰ এটা পছন্দ কৰা নাছিল ৷ ইটো আন সিটো আন কৰি তাক যোগনিয়াৰ্ সজাইছিল ৷ ক’বলৈ গ’লে দুলালে যেন সুবিধা লৈছিল তাৰ সৰলতাৰ ৷ পেটত ভোক থাকিলেও ভালদৰে বুজাই নোকোৱা বেঙাটোক সাবিত্ৰীয়ে দুটামান ভাত সৰহকৈয়ে দিছিল ৷ দুলালৰ সেইটোও এটা খঙৰ কাৰণ আছিল ৷
দুলালে সেইবাৰ মেট্ৰিক দিছিল ৷ “ক” টোৰ চুক কেইটা চিনি নোপোৱা বেঙাই কিন্তু ঠিকেই বুজিছিল যে সি কিবা এটা ডাঙৰ পৰীক্ষা দিবলৈ ওলাইছিল ৷ পঢ়া টেবুলতে খোৱাৰো যোগাৰ দিছিলহি ৷ 
লাহে লাহে বেঙা ডাঙৰ হৈ আহিছিল ৷ নৰেনে বাৰী, ঘৰ, পথাৰৰ সকলো কাম তাক শিকাই বুজাই লৈছিল ৷ শনিবৰীয়া হাটলৈকো লৈ গৈছিল ৷ সৰু-সুৰা হিচাপ নিকাচ কৰিব পৰাকৈ নেওতাখনো শিকাবলৈ চেষ্টা কৰিছিল ৷ জিভা গধুৰ বেঙাৰ কিন্তু মগজু তীক্ষ্ণ আছিল ৷ খৰচি মাৰি শিকি লৈছিল সকলো ৷ আৰু এনেকৈয়ে এদিন সি নৰেনৰ বাওঁ হাতখন হৈ পৰিছিল ৷ জিভা ঘূৰাওঁতে খোকোজা লগা বেঙাই সাবিত্ৰীক কিন্তু “আই” বুলি সঠিককৈয়ে মাতিব পাৰিছিল ৷ তাতে তাইৰ বুকুখন এহাত মান ডাঠ হৈ পৰিছিল ৷ ধান সিজোৱা ,পিঠাগুৰি খুন্দা ,কুঁৱাৰ পৰা পানী তোলা,গোবৰেৰে মজিয়া লিপা এইবোৰ কামত সাবিত্ৰীক সহায় কৰি দিয়াতো যেন তাৰ দায়িত্বহে আছিল ৷ পিছে কামত আউল্ নলগোৱাও নহয় ৷ শালখন পাতি তাই ইটো সিটো কামত ধৰিলেই বেঙাই সাউতকৈ বহি দুমাকো মান মাৰি গোটেই সূতাবোৰ জঁট লগাই পেলাইছিল ৷



পৃষ্ঠাঃ ৩৬


সাবিত্ৰীয়ে মাকো লৈ মাৰিবলৈ চোঁচা ল’লেই টিকা মূৰ চেলাই দৌৰ মাৰিছিল ৷ পিছে কিমান পৰলৈনো ? শুকাবলৈ ডাঁৰত মেলি থোৱা কাপোৰ সোপাকে সামৰি আনি আলনাত জাপি সেমেনা সেমেনি কৰি ৰৈ থকাৰ ভংগীতে তাইৰ মৰম লাগিছিল ৷ তাৰোপৰি তাইৰ মাহেকীয়া হ’লে আখলটোও পৰালৈকে চম্ভালি লৈছিল ৷ সাবিত্ৰীৰ বুকুলৈ আৰু এখোজ সি এনেদৰেই সোমাই গৈছিল ৷ 
        দিনবোৰ পাৰ হৈ গৈ থাকিল ৷ সাবিত্ৰীৰ ঘৰৰ বেঙা এদিন চুবুৰিটোৰ আপোন বেঙা হৈ পৰিল ৷ এটা বাঢ়ি থকা মানুহ ,অথচ সি নহ’লে দেখোন চুবুৰিৰ কাৰোৰে কামবোৰ নিসিজা হ’ল ৷ সকামে নিকামে বেঙাইহে কলপাত কাটিব লাগে , দোনা সিহে চিলাব লাগে ৷ খেতিৰ দিনতটো কথাই নাই ৷ পথাৰৰ পৰা ডাঙৰি কঢ়িওৱা ,মৰণা ফুৰোৱা এইবোৰ কামত বেঙা থাকিবই লাগিব ৷ দুলালে হায়াৰচেকেণ্ডেৰী পাছ কৰি চহৰত পঢ়িবলৈ গ’ল ৷ সাবিত্ৰীৰ লগতে বেঙায়ো কান্দিলে ৷ সেইদিনা সি সাবিত্ৰীৰ লগতে শুলে ৷ দুলাল গুচি যোৱাৰ দুখ আঁতৰাবলৈ সি সাবিত্ৰীৰ লগে লগে থকা হ’ল ৷ 
“দুলালে কিবা পৰীক্ষা দি ডাঙৰ চাকৰি পাই বাহিৰত টেৰেণিং মাৰিবলৈ গৈছে ৷”
 সাবিত্ৰীৰ মুখত শুনি চুবুৰিৰ আটাই কেইঘৰতে গৈ হাতেৰে মুখেৰে যেনেকৈ পাৰে বুজাই থৈ আহিলগৈ ৷
এদিন দুলালে ন-কইনা এজনী আনিলে ৷ কৰ্ট মেৰেজ কৰিলে দুলালে ৷ হোজা মাক বাপেক হালে তাকো মানি ল’লে ৷ বেঙাই পিছে বুজি নেপায় কৰ্ট মেৰেজ মানে কি ৷ হৰেশ্বৰ হঁতৰ গৰুৱে নিৰমাই হঁতৰ বাৰীত সোমাই তহিলং কৰোঁতে মাৰপিট হতাহতি গৈ পিচত কৰ্টত কেচ দিয়া দি হৈছিল ৷ বেঙাই শুনিবলৈ পাইছিল ৷ কৰ্ট মানেই কাজিয়া পেচাল ভঙা ঠাই বুলিহে মাষ্টৰে তাক বুজাই দিছিল ৷ বিয়াও কৰ্টত হয় বুলি প্ৰথম শুনিলে সি ৷ ফুৰিবলৈ অহা ন-বোৱাৰীয়ে চোলা এটা দিলে তাক ৷ স্ফূৰ্তিত ঠায়েই নাই ৷ পিন্ধি লৈ চুবুৰিটোত এপাক মাৰি আহিলগৈ ৷ দুলালটোহে পিছে একেই থাকিল অতবছৰে ৷ ভালদৰে বেঙাক মাত এষাৰো নিদিলে ৷ “হাতীটো পোহা মানুহটো পোহা একেই”
 বাপেকক ওলোটাই বুজাই থৈ গ’ল ৷ বেঙাই নুশুনিলে ৷ শুনা হ’লেও বুজিলে হেতেন নে চাগৈ !
নৰেনৰ স্বাস্থ্য পৰি আহিছে ৷ খোজ কাঢ়ি হাটলৈ বৰকৈ যাব নোৱাৰে ৷ হওঁতে চাইকেল এখন নৰেনৰো আছিল ৷ এবাৰ গৰুৱে খুন্দিয়াই মানুহে চাইকেলে খালত পেলাইছিলগৈ ৷ কঁকালত দুখ পাই বিছনা ল’ব লগীয়া হোৱাত সাবিত্ৰীয়ে ঘৰলৈ অহা তামোলৰ বেপাৰীকে চাইকেলখন বেচি দিছিল ৷ এতিয়া বয়সৰ লগতে কঁকালৰ বিষটোৱেও উক দিয়ে ৷ সেয়েহে বেঙাৰ কাম দুগুণে বাঢ়িছে ৷  মিলৰ পৰা ধান বনাই অনা ,সৰিয়হ পেৰাই অনা ,শনিবৰীয়া হাটলৈ বাৰীৰ তামোল কেইটামান পাৰি বেচিবলৈ লৈ যোৱা ,আহোঁতে ঘৰৰ বজাৰ পাতি কৰি অনা ৷ ইমানবোৰ কামৰ ওপৰি মাষ্টৰৰ ঘৰৰ গাই জনীকো মাজে সময়ে দানা পানী খোৱাবলৈ নেপাহৰে ৷ কাৰোবাৰ ঘৰত কঁঠাল দেখিলে গাইজনীক খোৱাবলৈ খুজি হ’লেও লৈ আনে ৷


পৃষ্ঠাঃ ৩৭


মাষ্টৰৰ জীয়েক কলেজ পালেগৈ ৷ মেজিকত অহা যোৱা কৰা হ’ল ৷ সেয়েহে তাইৰ স্কুলীয়া লেডী বাৰ্ড চাইকেল খন মাষ্টৰে বেঙাকে দি দিলে ৷ স্বৰ্গ সুখ চাগৈ এনেকুৱাই ৷ নিজৰ গাটোতকৈও মৰমত ৰাখিবলৈ ল’লে সি চাইকেল খন ৷
কেতিয়াবা অঁকৰামি কৰিলে সাবিত্ৰীয়ে ধমক দিলে চাইকেল খনকে মচি মচি বহি থাকে জুপুকা মাৰি ৷ আকৌ কিবা কথাত মন ভাল লাগিলেও চাইকেল লৈ চাৰিআলিৰ পৰা এপাক মাৰি আহি মচি কাচি থৈ দিয়ে ৷ চাৰিআলিত কেৰম খেলা ল’ৰাবোৰে তাক চাইকেল খন খুজি জোকায় ৷ গেঙেৰি মাৰি আহে সি ৷ আটায়ে গিৰ্জনি মাৰি হাঁহে ৷জানে সিহঁতে ৷ চুবলৈকো নিদিয়ে সি আনকি। তথাপিও তাক জোকাবলৈ নেৰে ৷
দুলালৰ ছোৱালী এজনী হ’ল ৷ সাবিত্ৰী হঁতে চহৰতে চাবলৈ গ’ল ৷ গোটেই দিন বেঙাই ঘৰ পদূলি ঘৰ পদূলি কৰি থাকিল ৷ সাবিত্ৰীয়ে ঘৰ পাই কেঁচুৱাকণৰ সমস্ত কথা নোকোৱালৈকে তাইৰ পিছে পিছে লাগি  থাকিল ৷ সাবিত্ৰীয়ে কৈ গ’ল আৰু বেঙাৰ মুখ খন পোহৰ হৈ গৈ থাকিল ৷ এবাৰত তাইক হাতত ধৰি নি চাইকেল খনলৈ আঙুলিয়াই হাতৰ ভংগীৰে বুজালে “কেঁচুৱাকণ ডাঙৰ হ’লে হেনো তাৰ চাইকেল খনকে দি দিব ” ৷
সাবিত্ৰীয়ে হাঁহিলে যদিও অজান দুখ এটাই খুচি থৈ গ’ল ।
“এৰা বেঙা হ’লেও আৱেগ অনুভূতি তাৰো আছে ৷ কেঁচুৱা কণলৈ মোহ নেদেখাকৈয়ে তাৰো হৈছে ৷ ”
হুমুনিয়াহ এচাটিৰ সৈতে বুকুৰ কোনোবা এখিনিত বিষ এটা উজাই আহিল ৷ সিহঁতে বাৰু তাৰ লগত অন্যায় কৰিছে নেকি ৷ মানুহ হিচাপে অনুভূতি প্ৰৱণ মন এটা তাৰো আছে ৷ আৰু জৈৱিক তাড়নাবোৰ ! নাই ৷ তাই আৰু ভাবিব নোৱাৰিলে ৷ বয়সত দুলালতকৈ সৰু হ’লেও বিয়া তাৰো পাতিবৰ হৈছে ৷ নৰেনৰ লগত কথাটো পাতিব লাগিব ৷ ভাবিলে তাই ৷ ভাবিলে মানে একপ্ৰকাৰৰ থিৰাং কৰিলে তাই ৷ 
 “বেঙাৰ বাবে বেঙী জনী ,কণাৰ বাবেও কাণী জনী আছে ৷ ওলাব ৷ পোনালৈও ওলাব ছোৱালী ৷ ” 
মনতে আওৰালে তাই ৷
পিছদিনা সাবিত্ৰীয়ে জুহালত বহি নৰেনক চাহ এবাতি যাঁচি কথাটো উলিয়ালে ৷ পিৰালি কাণৰ জলকীয়া পুলিবোৰ খুঁচৰি থাকোঁতে সম্ভৱ বেঙাই আংশিক শুনিলে ৷ কি শুনিলে কি বুজিলে নাজানো ৷ আবেলিলৈ চাইকেল লৈ গাঁৱৰ মূৰলৈকে ওলাই গ’ল ৷ আহি পাই নৰেনৰ ৰেডিঅ’টো বজাই এমুখ উজ্জ্বল পোহৰ লৈ চাইকেলখনকে মচি থাকিল ৷
মাষ্টৰৰ জীয়েকৰ বিয়া হ’ব ৷ ঘৰ-দুৱাৰত ৰং কৰিছে, বাৰী ঘৰ চাফা কৰিছে ৷ বেঙাৰ গাটো বিয়া বিয়া লাগিছে ৷ ইফালে ন- ছোৱালী আৰু কেঁচুৱাকণো আহিব বিয়ালৈ দিনচেৰেক থকাকৈ ৷ সাবিত্ৰীৰ গাত ততেই নাই ৷ ঘৰৰ লক্ষী ওপজিয়েই হস্পিতালৰ পৰাই মোমায়েকৰ ঘৰলৈহে গ’ল ৷ গতিকে লক্ষী আদৰিবলৈ সাবিত্ৰীয়ে ৰূপৰ চেইন এডাল আৰু কপাহী সূতাৰ চাদৰেৰে চোলা চিলাই অনাইছে ৷ বেঙায়ো মাষ্টৰৰ ঘৰৰ নিচিনাই নীলা ৰং আনি দৰ্জা, খিৰিকী আনকি বেৰৰো ক’ৰবাত  সানিছে ৷ তাৰ মৰমৰ চাইকেল খনতো পনীয়া সেউজীয়া ৰং আনি সানিছে ৷ 
হঠাতে ফোন এটা আহিল ৷ দুলালহঁত বিয়ালৈ আহিব নোৱাৰিব ৷ তাৰ অফিচৰ কামত বাহিৰলৈ যাব ৷ 


পৃষ্ঠাঃ ৩৮


“ন- ছোৱালীয়েই নহ’লে কেঁচুৱাকণৰ সৈতে থকাকৈ আহাঁ ” 
সাবিত্ৰীয়ে ক’ম বুলি ভবা কথাটো মুখতে থাকিল ৷ ফোনৰ সিপাৰৰ পৰা বোৱাৰীয়েকে সিহঁতো লগতে যাব বুলি জনালে ৷ তাৰোপৰি সেইকেইদিন সিহঁতৰ ঘৰ ৰখিবলৈ ওলোটাই বেঙাকহে তালৈ মাতিলে ৷ সাবিত্ৰীৰ উলাহৰ মনটো জামৰি গ’ল ৷ অলপ আচৰিতো হ’ল ৷ আজিলৈকে সিহঁত কেইবাবাৰো বাহিৰত ফুৰিবলৈ গৈছে কিন্তু এইবাৰযে ঘৰ ৰখিব লগা হ’ল !  বোৱাৰীয়েকে জনালে ৷ কলনিত নতুনকৈ চুৰ হ’বলৈ ধৰিছে ৷ সেয়েহে বেঙাক মাতিছে ৷ 
“ চিন্তা কৰিব নালাগে মা ৷ ৰান্ধনী জনী আহেই ৷ খোৱাবোৱা তাৰ অলপো অসুবিধা নহয় ”
ফোনৰ এইপাৰে সাবিত্ৰীৰ মৌন চিন্তাৰ সমাধান দি পুনৰ বোৱাৰীয়েকে কৈ উঠিল ৷
বেঙাক নিবলৈ গাড়ী এখন আহিল ৷ বিয়াত থাকিবলৈ নোপোৱা বেজাৰত নে ঘৰৰ পৰা প্ৰথমবাৰ ক’ৰবালৈ অকলে যোৱাৰ দুখত জানো কাপোৰৰ টোপোলাটো বুকুতে সাৱটি বিষণ্ণ মনেৰে সি গাড়ীত উঠিলহি ৷ কাহানিও গাঁৱৰ বাহিৰ নেদেখা বেঙাই সাবিত্ৰীৰ আঁচলত ধৰি সৰু ল’ৰা এটাৰ দৰেই ফেঁকুৰি উঠিল ৷ সাবিত্ৰীৰ বুকুখনতো খুন্দিয়াই গ’ল ৷ আজি পোন্ধৰ বছৰে গাৰ ছাঁটোৰ দৰে লাগি থকা ল’ৰাটোক দুদিনৰ বাবে পঠিয়াবলৈও দেখোন পৰা নাই ৷ চাদৰৰ আগটোৰে দুচকুত বিৰিঙি উঠা জলকণা তাৰ অলক্ষিতেই টুকি থ’লে তাই ৷
পোন্ধৰদিন পাৰ হৈ যায় ৷ না বেঙাৰ খবৰ ৷ না দুলালৰ খবৰ ৷ সাবিত্ৰীয়ে দুলাললৈ ফোন লগাই হায়ৰান হয় ৷ ইংৰাজী নে আন কিবা ভাষাত জানো কিবাকিবি এসোপা কয় ৷ তাই বুজি নাপায় ৷ ইফালে বেঙাৰ খবৰ পোৱাৰো কোনো ৰাস্তা নাই ৷ তালৈ মনত পেলাই চাইকেলখনতে হাত ফুৰাই ৷ মচি কাচি চিকচিকিয়া কৰি থয় ৷ ৰাতি টোপনি নাহে তাইৰ ৷ বেয়া চিন্তা কিছুমানে শুবলৈ নিদিয়ে ৷ 
এদিন বোৱাৰীয়েকে ফোন কৰি সকলো ঠিকে থকাৰ খবৰ দিয়ে ৷ ঘৰলৈ উভতি অহাৰ বতৰাও দিয়ে ৷ সাবিত্ৰীয়ে সকাহৰ উশাহ লয়।
“যাব ৷ কাইলৈকে তাই বেঙাক আনিবলৈ যাব ৷” 
মনতে থিৰাং কৰে ৷ আচলতে কেঁচুৱাকণক চাবলৈওযে হেঁপাহ জাগে ৷
দুলালৰ ঘৰৰ সন্মুখত ৰয়হি কেইবাখনো গাড়ী ৷ হাঁহি হাঁহি বিয়ৈয়েকে আলহীক আগবঢ়াই নিয়ে ৷ আনহাতে থৰক বৰক খোজেৰে সাবিত্ৰীয়ে দুলালৰ ঘৰৰ গেট খুলি ওলাই আহে ৷ যেনেতেনে মূল ৰাস্তা পাই মেজিক এখনত উঠি লয় তাই ৷ আউলবাউল চুলিৰে বিধস্ত প্ৰায় শৰীৰটো টাটা মেজিকৰ গতিৰ লগতে আগুৱাই গৈ থাকে ৷ কাণত বাজি থাকে বোৱাৰীয়েকৰ এষাৰ কথা 
“ ইমান বছৰ খোৱাই পিন্ধাই এনেই ৰাখিছিল নেকি তাক ?”
 দুচকু শিললৈ ৰূপান্তৰ হয় ৷ হেণ্ডিমেনে ভাড়া খুজিও তাইৰ সঁহাৰি নাপায় ৷ অন্যমনস্ক তাইৰ লগত কিবা এটা অঘটন ঘটিল বুলিয়ে গাড়ীৰ মানুহবোৰে ধৰি লয় ৷ সদায়ে পদূলিৰে অহাযোৱা কৰোতে দেখা চকুৰ চিনাকি মেজিকৰ ড্ৰাইভাৰে তাইক সঠিক পদূলিতে নমায় ৷ ভাড়াৰ নামত এমুঠি খুচুৰা টকা কঁপা কঁপা হাতেৰে তাই আগবঢ়াই দিয়ে ৷ অসুস্থ বুলি ভাবি হেণ্ডিমেনে নিজেই ৰাস্তা পাৰ কৰায় ৷ পদূলি পাইহে তাইৰ চেতনা ঘূৰি আহে ৷ বেঙা যোৱাৰ দিনা খিৰিকীৰে মূৰ উলিয়াই নেদেখা হোৱালৈকে তাইক চাই যোৱা তাৰ মুখখনলৈ মনত পৰে ৷
“ পোনা ” বুলি চিঞৰ এটা মাৰি পদূলি মূৰতে তাই বহি পৰে ৷ ধূলিৰে লেটি লৈ চোতালেৰে চুঁচৰি অহাদি ঘৰলৈ আগবাঢ়ে ৷নৰেন লৱৰি আহে ৷ তাক ধৰি তাই হিয়া ধাকুৰি কান্দে ৷ সন্ত্ৰস্ত নৰেনৰ দুচকু পানীৰে চপচপীয়া হয় ৷
বুকু ভুকুৱাই কান্দি থকা সাবিত্ৰীক ভিতৰলৈ লৈ যায় ৷ মূৰত পানী সানি দিয়ে ৷ বাউলী হৈ তাই ভিতৰখনতে ঢপলিয়াই ফুৰে ৷ একো নুবুজি নৰেনে খপজপকৈ পুতেকলৈ ফোন কৰে ৷
“এওঁ শুই আছে ,কথা পাতিব নোৱাৰিব ৷ মায়ে কৈছেগৈ চাগৈ অপাৰেচন হোৱাৰ কথা ৷ চিন্তা কৰিব নালাগে ৷ বৰ্তমান তেওঁ সুস্থ  ৷ অলপ মাক বুজাব ৷ ইয়াত আহি চিঞৰ বাখৰ কৰি গৈছে ৷ পুতেকটো নিজৰ নে বেঙা নিজৰ ? ”
কথাৰ আগ গুৰি নুবুজা নৰেনে কিহৰ অপাৰেচন ,কি কথা সুধিবলৈ নাপাওঁতেই প্ৰচণ্ড ক্ষোভত যেন বোৱাৰীয়েকে ফোনৰ সংযোগ বিচ্ছিন্ন কৰে ৷ 
“ গ’লগৈ পোনা ৷ নাহে আৰু কোনোদিন ৷ বৰ কষ্ট পালে সি ৷ পোনা অ’ ……ক্ষমা ……”
বিৰবিৰাই থকা সাবিত্ৰীক একে টানে মজিয়াৰ পৰা উঠাই দিয়ে নৰেনে ৷ গাত ধৰি জোকাৰি পেলায় ৷ কথাবোৰ বিতংকৈ সোধে ৷ শিলৰ দুচকুৰে নৰেনলৈ চাই সাবিত্ৰীয়ে পি অহা গৰল উগাৰি যায় ৷ কৈ যায় দুলালৰ ঘৰত পোৱা এজাক নৰখাদকৰ ভাষ্যবোৰ ৷ “দুলালৰ বিকল হ’বলৈ ধৰা হৃদযন্ত্ৰৰ ঠাইত বেঙাৰ সুস্থ হৃদযন্ত্ৰৰ প্ৰতিস্থাপন ৷ ”




পৃষ্ঠাঃ ৩৯


বিয়নীয়েকৰ এইষাৰ কথাকে নুবুজি বাৰে বাৰে সুধিছিল তাৰ অৰ্থ ৷ বোৱাৰীয়েকে সহজ ভাষাৰে ভাবলেশহীন মুখেৰে বুজাই দিছিল ৷ বাৰে বাৰে তাইক হুলস্থূল নকৰিবলৈহে সকিয়াইছিল ৷ এসময়ত তাই…
আৰু শুনিব নোৱাৰিলে নৰেনে ৷ খুপিখুপি বেঙাৰ কোঠালৈ সোমাই গ’ল। বিচনাখনতে বহি হাতফুৰাই চালে সি শুৱা ঠাইখিনিত ৷ গাৰুটো বুকুত সাৱটি লৈ মানুহটোৱে হুকহুকাই কান্দি উঠিল ৷ উঠি গৈ লাহে লাহে চুই গ’ল তাৰ ট্ৰাংকটো , মুখ চোৱা সৰু আইনা খন ৷ খুলি দিলে খিৰিকীখন ৷ মুনিচুনি সন্ধ্যা লাগিছিল ৷ নতুনকৈ ৰং কৰা তাৰ চাইকেলখন তথাপিও জিলিকি আছিল ৷ এবাৰত যেন চাইকেল খনেও জীৱন্ত ৰূপ লৈ উচুপি উঠিছিল ৷ বেছি পৰ চাই থাকিব নোৱাৰিলে নৰেনে ৷ জপাই দিলে খিৰিকীখন ৷ ওৰেনিশা বেঙাৰ গাৰুটোকে সাৱটি মানুহটো বিচনাখনতে বহি থাকিল ৷ ইফালে সাবিত্ৰীয়ে ঘৰৰ প্ৰতিটো চুকেকোণে বেঙাৰ হাতৰ পৰশ বিচাৰি ঢপলিয়াই ফুৰিল ৷ উচুপি উচুপি কান্দে ,মাজে মাজে ৰাউচি জোৰে ৷ এসময়ত তায়ো মজিয়াতে বাগৰি পৰিল ৷ 
পুৱা আকাশ ফালি বেলিয়ে ভূমুকি মাৰোঁতেই নৰেন উঠি গ’ল ৷ কুঁৱাৰ পৰা পানী দুবাল্টি মান তুলি গাত ঢালি ল’লে ৷ চোলা চুৰিয়াযোৰ পিন্ধি লৈ বেঙাৰ চাইকেল খন উলিয়াই আনিলে ৷ ঠেলি ঠেলি পদূলিলৈ নি বাওঁ ভৰি খন পেদেলত থৈ দুপ এটা মাৰি উঠি ল’লে ৷ বেঁকাবেঁকিকৈ চাইকেলৰ আগচকাটো গৈ এসময়ত চিধা হ’ল ৷ পাৰিলে নৰেনে আজি ৷ চাপৰ হ’লেও চাইকেলখন চলাবলৈ পাৰিলে ৷ কাৰণ আজিযে নৰেনৰ গাত সাত ভতৰাৰ বল ৷ আজি নৰেন এজন বাপেক ৷ 
ওৰেনিশা পোনাৰ জীয়া কলিজাৰ আৰ্তনাদ্ কাণত বাজি থকা নৰেনে সিদ্ধান্ত লৈ পেলাইছিল তেতিয়াই ৷ আৰু সেয়েহে পুৱাই এয়া যাবলৈ বুলি ওলাইছে ৷ পাৰিব ৷ বেছি বাট নহয় ৷ বজাৰ খন পাৰ হ’লেই পায় থানা খন ৷ থানালৈকে যাব নৰেন ৷ চাইকেলৰ বেলটো বজাই ৰাস্তাৰ কাষেৰে লাহে লাহে নৰেন গৈ থাকিল ৷


পৃষ্ঠাঃ ৪০
গল্পঃ

মা

(আন্তৰিক শ্ৰদ্ধাৰে শিশু সাহিত্য  অকাডেমী বঁটা প্ৰাপ্ত শিশু সাহিত্যিক
শ্ৰী যুগললোচন দাস দাদাৰ হাতত)

গীতাঞ্জলি দেৱী
লিগিৰী পুখুৰী,নাজিৰা, শিৱসাগৰ

কুঁচি-মুচি হৈ বিচনাখনতে বহি আছে নিৰ্মলা । শেষ প্ৰহৰৰ এই ক্ষণটোত  নিমাও-মাও হৈ আছে ঘৰখন । তাই বহি থকা বিছনাখনৰ পৰা মাত্ৰ দুহাত আঁতৰত অনুজ্জ্বল ভাৱে  জ্বলি  থকা হাত লেম্পটোলৈকে নিৰ্মলাই একথৰে চাই আছে । কিছু সময়ৰ পাছতে হয়তো লেম্পটো নুমাই যাব । লেম্পটোৰ পৰা ওলোৱা সেইকণ অনুজ্জ্বল পোহৰো আৰু নাথাকিব । গোটেই কোঠাটো আন্ধাৰে আৱৰি ধৰিব । 
   বুকুখন কিবা খালি-খালি লাগিল নিৰ্মলাৰ । কিবোৰ যে হ'বলৈ গৈ আছে , ভাবি-ভাবি  তাই  পাৰ পোৱা নাই ।  যাৰ বাবে তাই এই খন ঘৰত ৰৈ গ'ল । যাৰ বাবে এই খন ঘৰক তাইৰো ঘৰ বুলি ভাবিবলৈ ল'লে , সেই গৰাকী মানুহ , মানে তাইৰ  সাদৰী শাহুৱেকজনী গ'লগৈ । চিৰ দিনৰ বাবে । কাকো একো নোকোৱাকৈ । তাইকো এষাৰ মাত নিদিয়াকৈ ।  এতিয়া ,  যাক তাই কোনো দিন নিজৰ বুলি ভাবিব নোৱাৰিলে ,  যিজনে তাইকো বুকুৰ আপোন কৰি ল'ব নাজানিলে, সেই জন তাইৰ গিৰিয়েকো চাগে  যাবগৈ । নিৰ্মলাৰ বুকুখন পুৰিবলৈ ধৰিলে । তাইৰ  দুগালেৰে দুধাৰী লোটক সৰ-সৰাই নামি আহিল । 
      জীৱনটোত অকণমান সুখৰ বাবে হামৰাও কাঢ়ি থকা তাই মানুহজনীয়ে কেৱল যে শূণ্যতাৰ মাজতে খেপিয়াই থাকিব লাগিব, তাই জনাই অনাছিল । 
      আগতেই যদি তাই মদনৰ বিষয়ে জানিলে হেতেন , তাই কেতিয়াও মদনৰ স'তে বিয়াত নবহিল হেতেন । তাই মাহীমাক আৰু দেউতাকক কৈ দিলেহেঁতেন -
:: মোৰ পৰা তহঁতৰ যদি কিবা আপদ হৈছে, তেনেহ'লে কিবা এসোপা আনি খোৱাই মোক মাৰি পেলা । তথাপি সেই বেমাৰে- আজাৰে আধামৰা, এজনীৰ মূৰ খোৱা  মানুহটোৰ লগত সংসাৰ কৰিবলৈ মোক নপঠাবি।" 
    নাজানিলে তাই । আনকি  মদনৰ বিষয়ে একো নজনালে তাইৰ দেউতাক, মাহীমাক কোনেও । কিমান যে খৰধৰ কৰিলে তাইৰ বিয়াখনক লৈ । পোন্ধৰ দিনৰ ভিতৰতে বিয়া দিলে  তাইক । বিয়া মানে গাঁৱৰে দুজনমান মানুহ মাতি হৰ-গৌৰী বসতি হ'বলৈ আশীৰ্বাদ এজোলোকা দি তাইক বিদায় দিলে।
     সিদিনা গধূলি পৰত তাইক চাবলৈ বুলি  মাহীমাকৰ পেহাক এজনে লৈ আনিছিল মদনক । তাইতকৈ বয়সে ওঁঠৰ বছৰে ডাঙৰ আছিল  মদন । ক্ষীণকায় আছিল  যদিও অশুৱনি নাছিল মানুহটো । ভিতৰি -ভিতৰি হাঁপানি বেমাৰে খাই পেলোৱা মানুহ বুলিও কোনেও ধৰিব নোৱাৰিছিল । বোধকৰোঁ সেই সময়ত মানুহটোৰ অসুখটোৱে  গা কৰি উঠা নাছিল। পিন্ধি অহা  পুৰণি কিন্তু চাফা লং পেণ্ট-চোলাযোৰ মদনৰ গাত ঢিলা- ঢিলা যেন লাগিছিল তাইৰ । সৰু কাঁহৰ কাঁহী দুখনত মালপোৱা দুখনৰ স'তে ফিকা চাহ দুবাতি আনি নিৰ্মলাই মাটিতে বহাৰ দৰে কৰি কাঠৰ টুল খনৰ ওপৰতে থৈ  " চাহ খাওক " -বুলি কোৱাৰ পাছতো মানুহটোৱে মুখেৰে মতা নাছিল । মদনৰ হৈ পেহাকেহে কৈছিল -
: হ'ব আই ,  থ তাতে । 
 তেতিয়াই তাই আঁৰ চকুৰে তাইক চাবলৈ অহা মদনলৈ  চাই পঠিয়াইছিল ।  সি  চাইছিল নে বাৰু তাইলৈ ?  ওহোঁ , সি তাইলৈ চোৱাই নাছিল । চাইছিল যদিও তাই দেখা নাছিল।


পৃষ্ঠাঃ ৪১

    সেই প্ৰথম বাৰেই নহয় । মদনে  তাইলৈ মৰমভৰা দৃষ্টিৰে  কেতিয়াও, কাহানিও চোৱাই নাছিল । ন- কইনাজনীৰ প্ৰতি থকা তাৰ দায়িত্ব কণো সি  পালন কৰা নাছিল । 
      ন-কইনা হৈ মদনৰ ঘৰখনত সোমোৱাৰ পাছতে আন এক বিষাদে তাইক আৱৰি  ধৰিছিল । মদনৰ আগৰজনী ঘৈনীয়েকৰ ফালৰ এজনী তিনিবছৰীয়া ছোৱালী আছিল । ওৰণিৰে মুখ ঢাকি বহি থকা নিৰ্মলাৰ ওচৰলৈ মদনৰ মাকে ছোৱালীজনী কোলাত লৈ আনি কৈছিল  -
: এয়া চা , এইজনী কইনা । তোৰ নতুন মা ।  আজিৰ পৰা তই  "মা" বুলি মাতিবি দেই পাহী । 
    শাহুৱেকৰ কথা শুনি হুক-হুকাই কান্দি উঠিছিল নিৰ্মলাই । তাইৰ ঘৰৰ মানুহখিনিয়ে  কিয় এনেকুৱা কৰিলে তাইৰ লগত ? তাইতো কোনো দিন সিহঁতক অসুবিধাত পেলোৱা নাছিল । ঘৰৰ সমস্ত কাম-বন কৰাৰ উপৰিও জুনু বাইদেউৰ পৰা  নিটিং- কাটিং শিকি বাইদেউৰ চিলাই দোকানখনতে কাম কৰি দুপইচা উলিয়াই  তাই  ঘৰৰখনৰ ইটো-সিটো জোগাৰো মাৰিছিল । তেতিয়া হ'লে ? তেতিয়া হ'লে ? কিয় ঘৰৰ মানুহখিনিয়ে  তাইৰ লগত এনেকুৱা কৰিলে ? 
    মাক ঢুকুৱাৰ পাছত সিহঁত বায়েক-ভায়েক তিনিটাৰ দায়িত্ব ল'বলৈ আহি নিৰ্মলাৰ নিজৰ মাহীয়েক জনীয়ে পাছলৈ মাকৰ ঠাই ডোখৰেই অধিকাৰ কৰি বহিল । নিৰ্মলাহঁতৰ দেউতাকৰ পত্নী হ'ল । নিৰ্মলাহঁতৰ তিনিটা ল'ৰা-ছোৱালীৰ ঠাইত পাঁচটা হ'ল । কিন্তু মাহীয়েক জনী নিৰ্মলা আৰু তাইৰ নিজৰ ভনীয়েক- ভায়েকহালৰ মাক হ'ব নোৱাৰিলে । মাহীয়েক জনী কেৱল তেওঁ নিজে জন্ম দিয়া ল'ৰা দুটাৰহে মাক হৈ থাকিল । মাহীয়েক জনীয়ে সিহঁতৰ প্ৰতি দায়িত্ব ল'বলৈ যেন এৰি দিলে । কথাবোৰ আগৰ দৰে হৈ নাথাকিল। বাপেকলৈ বিয়া হোৱাৰ আগতে মাহী বুলি পমি যোৱা নিৰ্মলা আৰু তাইৰ ভায়েক-ভনীয়েক দুটাই দেউতাকলৈ বিয়া সোমোৱাৰ পাছত মাহীয়েকক বেয়া পোৱা হ'ল ।  
       যিমানে ডাঙৰ হৈ আহিল ঘৰৰ মানুহখিনিৰ  সিহঁত তিনিটাৰ প্ৰতি অকণমান মৰম, সহানুভূতি যেন লাহে-লাহে  নাইকিয়া হৈ আহিল।  তাৰ পাছত ,  জীৱনে-মৰণে একেলগে থাকিম বুলি লগ দিবলৈ অহা গিৰিয়েকটোৰ পৰাও নিৰ্মলাই সেইখিনি নাপালে ।
      কিমান সপোন লৈ তাই  বোৱাৰী হৈ এইখন ঘৰ গচকিলেহি , কিন্তু কি পালে তাই ? মদনৰ মৰমতো  বাদেই  আনকি প্ৰেম-আকুলতাৰে ভৰা  চাৱনি এটাও তাৰ পৰা  আজিলৈকে নাপালে  তাই । দেহে-মনে ব্যাকুল হৈ  কোনো দিন সি তাইৰ কাষ চপাই নাই  । কাচিৎ হে সি তাৰ প্ৰয়োজন পূৰাবলৈ তাইৰ গাত হাত দিছিল । সঁচা অৰ্থত পুৰুষৰ  অনুৰাগপূৰ্ণ মৰম  আৰু প্ৰেমৰ সাগৰখনৰ  মাজত তাই  বুৰ মাৰি নিজক হেৰুৱাই পেলাবলৈ  কেতিয়াও নাপালে । নিজৰ প্ৰয়োজনৰ স্বাৰ্থত মদন কেতিয়াবা কাষ চাপিলেও তাই  তাৰ প্ৰতি অকণো আকৰ্ষণ অনুভৱ নকৰে ।  কোনো উত্তেজনা অনুভৱ নকৰে । মদনৰো যেন কোনো  অনুৰাগ নাই ,  কোনো  আদৰ নাই  তাইৰ প্ৰতি । সেই সময়ত বাগৰি পৰা এডাল মৰা গছ পৰা দি পৰি থাকে নিৰ্মলা । মদনক তেতিয়া তাইৰ এটা  বুঢ়া অজগৰ সাপৰ দৰে লাগে । 
      পোন প্ৰথমে চাৰি মাহমান লুকাই-লুকাই খুউব কান্দিছিল নিৰ্মলাই । কত ৰাতি কান্দি-কান্দি পাৰ কৰি দিছিল , তাৰ হিচাপ নাই । কাকো ক'ব নোৱাৰা বোবা বেদনাই তাইক নি:শেষ কৰি পেলাইছিল ।
       কম কথা কোৱা মদননো আচলতে কেনেকুৱা মানুহ তাই আজি তিনি বছৰে  বুজিবই নোৱাৰিলে । অথচ , সি তাইক বেয়া ব্যৱহাৰো নকৰে । বেয়াকৈ নকয় , হুঁটা মাতো নামাতে । প্ৰয়োজন হ'লে কিবা-কিবি কয় , কিবা-কিবি সোধে । ঠিক যেন বাহিৰৰ মানুহ লগত কথা পতা দি কথা পাতে । নিজৰ ঘৈনী হিচাপে নহয়। মদনৰ পৰা আদৰ, আশ্বাস আশা কৰি -কৰি পাছলৈ আৰু তাই তাৰ পৰা একো আশা নকৰা হ'ল। পাছলৈ তাইও সময়ে-সময়ে চাহ-ভাতৰ যোগান ধৰিব লগা সময়তহে  তাক মাতষাৰ মাতে বা বিশেষ প্ৰয়োজনতহে তাক মতা হ'ল ।


পৃষ্ঠাঃ ৪২


     "এনেকুৱা মতাৰ লগত সংসাৰ কৰাতকৈ আবিয়ৈ হৈ থকা হ'লেই ভাল আছিল । " - এই ভাৱটো তাইৰ মনলৈ আহি থকা হ'ল । আনকি  কেইবাদিনো মদনক এৰি এই ঘৰখনৰ পৰা পলাই গুচি যাওঁ বুলিও ভাবিলে ।  কিন্তু  তাই নোৱাৰিলে ।  নোৱাৰিলে একমাত্ৰ শাহুৱেক জনীৰ কাৰণে । সৰুৰে পৰা মাকৰ অভাৱ অনুভৱ কৰি থকা নিৰ্মলাই শাহুৱেকক পোৱাৰ পাছৰ পৰা নিজৰ মাকজনীকহে যেন বিচাৰি পালে । নিজে নাখায় খুৱাই , দেহাই টানে মানে কামকে কৰি থাকে  মানুহজনীয়ে । তথাপি তাইক এগচ কুটাকে দুভাগ কৰি নিদিয়ে । ভাতৰ পাতত নিজৰ ভাতৰ কাঁহীখনৰ পৰা ইটো- সিটো নিৰ্মলাৰ কাঁহীখনলৈ দলিয়াই  থকাটো শাহুৱেকৰ যেন নিয়ম হৈ পৰিল ।  বেমাৰ-আজাৰ , অভাৱ-অনাটন , দুখ-ভাগৰে হেঁচা মাৰি ধৰি থকা মানুহজনীৰ মুখত অনবৰতে মিচিকিয়া হাঁহি এটা লাগি থাকে । তেওঁৰ মুখখন দেখিলে নমতাইও মাতিব , নোচোৱাইও চাব । এনেহেন সাদৰী শাহুৱেকজনীক কোনো কাৰণতে এৰি যাবলৈ নিৰ্মলাৰ সৎ নগ'ল। সেই যে থাকি গ'ল, দিন যোৱাৰ লগে-লগে নিৰ্মলাৰ মনৰ পৰা এইখন ঘৰৰ পৰা মনে-মনে পলাই যোৱাৰ বাসনাটোও  লাহে-লাহে নাইকীয়া হৈ গ'ল  । শাহুৱেকক বাদ দি নিৰ্মলাই কিন্তু মদন আৰু মদনৰ আগৰজনী ঘৈনীয়েকৰ ফালৰ ছোৱালীজনীক নিজৰ বুলি ভাবিব নোৱাৰিলে । অকণমানি  সৰু ছোৱালীজনীৰ পৰা পৰাপক্ষত তাই আঁতৰি ফুৰে । পাহী নামৰ তিনিবছৰীয়া ছোৱালী জনীয়ে চুচুক-চামাককৈ তাইৰ ওচৰলৈ আহি কেতিয়াবা তাইক "মা" বুলি মাতিলেও নিৰ্মলাই তাইক  মৰমেৰে আকোঁৱালি  নলয় ,  কোলাতো তুলি নলয় । 
:: মা  নহয় , মাহী বুলিবি মোক ।  পাহীক তাই শুধৰাই দিয়ে ।
     পাহীক মাকৰ মৰমকণ নিদিলেও নিৰ্মলাই কিন্তু তাইক ভেকাহি মাৰি কথা নকয়  । তাইৰ  প্ৰতি কঠোৰ হৈও  নেদেখুৱাই । " মাক নোহোৱা সৰু ছোৱালীজনীয়েনো কি বুজে ?"- সেই কথাও নিৰ্মলাৰ মনলৈ আহে । এনেকুৱা একেই জীৱন এটা তাইও পাৰ কৰি আহিছে । তাই বুজে ।  তথাপি তাই পাহীক নিজৰ কৰি ল'ব পৰা নাই । হয়তো  ফাঁকি দি মদনে তাইক বিয়া কৰোৱাৰ কাৰণে বা মদনৰ পৰা পাব লগা আদৰ-চেনেহ আদি নোপোৱাৰ  কাৰণেই  চাগে  পাহীকো   তাই আপোন কৰি ল'ব পৰা নাই ।  পাহীক সময়মতে খাবলৈ যোগাৰ দি তাই শাহুৱেককহে কয় -
: আই, পাহীক এইখিনি খুৱাই দিয়কগৈ । 
শাহুৱেকে চাগে কিবা এটা বুজে । তেওঁ ওজৰ-আপত্তি একো নকৰে।   নিৰ্মলাৰ কাষত অকলে-অকলে আমন-জিমনকৈ আহি  পাহীক ৰৈ থকা দেখিলে কেতিয়াবা তাই কয় -
: কি হ'ল অ' ? আইতা ঘৰত নাই নেকি ? যা , আইতাৰ ওচৰলৈ যা গৈ । নহ'লে সৌৱা পদুলিতে দৌকনহঁতে খেলি আছে , খেল গৈ যা ।  
     মৰম, আদৰ, সহানুভূতি সকলোখিনি আঁতৰি যোৱাৰ পাছতো নিৰ্মলাৰ কাষে-পাজৰে দুজন মানুহ আছিল । কিন্তু  লাহে-লাহে  নিৰ্মলাৰ কাষৰ পৰা  মানুহবোৰ নোহোৱা হৈ গৈ আছে । মাত্ৰ দহ দিনৰ আগতে শাহুৱেক জনী গুচি গ'ল । মূৰটো আচন্দ্ৰাই কৰিছে বুলি শুলে যি শুলেই , আৰু নুঠিল । এচামুচ মিঠাতেলৰ স'তে নেমু এফাল চেপি শাহুৱেকৰ তালুখনত মোহাৰি থাকোঁতেও তাই গম পোৱা নাছিল যে শাহুৱেক আৰু নাই । মদনৰ দদায়েক আহি নবৌ , নবৌ বুলি কেইবাবাৰো মতাৰ পাছতো যেতিয়া শাহুৱেকে এবাৰো চকু নেমেলিলে তেতিয়াহে সিঁহত সচকিত হ'ল । দদায়েকে দুবাৰ মান হাত-ভৰি কেইটা চুই চাই ক'লে বোলে মানুহজনী আৰু নাই । 
       শিল হৈ গৈছিল সেইদিনা নিৰ্মলা ।  যাৰ বাবে বাৰে-বাৰে এইখন ঘৰ এৰি যাম বুলি ভাবিও তাই  যাব নোৱাৰিলে , যি গৰাকীয়ে বাৰে-বাৰে তাইৰ আঁচলখন পাছলৈ টানি আছিল , এতিয়া সেই গৰাকীয়েই  তাইক এৰি গুচি গ'ল ।  তাইৰ ভাবিবলৈকে সত যোৱা নাইচোন । আঁঠুতে মূৰটো গুজি তাই মাথোঁ কান্দি থাকিল । সান্তনা দিবলৈও তাইৰ কাষত কোনো নাছিল।
         শাহুৱেক ঢুকুৱাৰ সাত দিনৰ দিন পাছৰে পৰা মদনৰ পানী লগা জ্বৰ হ'ল , লগতে সি উশাহ-নিশাহ  ল'বলৈ কষ্ট পাবলৈ ধৰিলে । গাঁৱৰ সকলোৱে সন্দেহ কৰিলে মদনৰ নিশ্চয় ক'ৰোনা হৈছে । পুনৰ বাৰ জিঁকাৰ খাই উঠিল নিৰ্মলা । ৰাতিয়েই হাস্পাতালৰ পৰা মানুহ আহি মদনৰ লগতে নিৰ্মলা আৰু পাহীকো লৈ গ'লহি । হাস্পাতালত মদনক কোনেও নেদেখা কোঠা এটাত বেলেগে  ৰাখিলেগৈ । কিবা-কিবি পৰীক্ষাৰ অন্ত:ত তিনিদিনৰ পাছত হাস্পাতালৰ পৰা নিৰ্মলা আৰু পাহীক যাবলৈ দিলে । সিহঁত দুজনীৰ হেনো ক'ৰোনা হোৱা নাই , মদনৰহে হৈছে আৰু তাৰ অৱস্থাও হেনো খুবেই সংকটজনক । 
        হেৰুৱাবলৈ আৰু  কি আছে নিৰ্মলাৰ ? শিৰৰ সেন্দুৰকণ ? সেই ৰঙা ৰংটোৰ  কিয়েইবা অৰ্থ আছে তাইৰ বাবে ? সৌ লেম্পটোৰ পৰা ওলোৱা  অনুজ্জ্বল পোহৰৰ দৰে সেই ৰং ।  তেল বিহীন হৈ ঢিমিক-ঢামাক কৈ জ্বলি থকা এটা  মাত্ৰ পোহৰ । আন্ধাৰত  থকাটো নিৰ্মলাৰ অভ্যাস হৈ গৈছে । এই অনুজ্জ্বল পোহৰ কণে তাইক কি দেখুৱাব ? কি চাব তাই ? কি বিচাৰিব সেই কণ দেখা-নেদেখা পোহৰৰ মাজত ?
         এক উত্তৰ নোহোৱা প্ৰশ্নৰ মাজত নিৰ্মলা বহি থাকিল । নিজৰ অজানিতে নিগৰি -নিগৰি ওলাই থকা চকুৰ পানীবোৰ মচি-মচিও তাই বুকুখন শান্ত কৰিব নোৱাৰিলে । তাইৰ কাষতে শুই থকা পাহীলৈ চালে । কিমান নিৰ্ভয়ে পাহী তাইৰ কাষত শুই আছে । কিনো বুজিছে এই  চাৰি বছৰীয়া ছোৱালীজনীয়ে ? তাইকো মাকে এইটো বয়সতে এৰি গৈছিল । তাই জানো বুজিছিল । জীৱনত নিজৰ মানুহবোৰৰ পৰা  নিৰ্মলাই  মৰম-চেনেহ , আদৰ, আশ্বাস একো নাপালে বুলিয়েই তাইও এই নি:ষ্পাপ ছোৱালীজনীকো সেইখিনিৰ পৰা বঞ্চিত কৰিবনে ?  
         দেউতাক, মাহীমাক আৰু  মদনক তাই বেয়া পায় । কিয় বেয়া পাই , সেয়া তাই জানে । এতিয়া তাইকো কোনোবাই বেয়া পোৱাটো তাই বিচাৰিবনে ? একো নক'লেও শাহুৱেকৰ বুকুতো বহুত দুখ আছিল । সাতমহীয়া পেট লৈয়ে সেন্দুৰকণ মোহাৰি পেলোৱা শাহুৱেজনীয়ে কিমান দুখত ভাত খালে সকলো দেখুন তাইক কৈছিল । তেঁৱো ইমানবোৰ সহিও হাঁহি থাকিব জানিলে  । মানুহক মৰম কৰিব জানিলে  । নিজে নাখাই আনক খুৱাবলৈ শিকিলে ।  নিৰ্মলাই নোৱাৰিবনে ?
:: মাহী , পাহীৰ মাতষাৰত সম্বিত ঘূৰি আহিল নিৰ্মলাৰ । 
:: হুঁ  ,  অ'   মা,  তই সাৰ পালিয়েই যে ?
নিৰ্মলাৰ নিজৰ অজানিতে সৰি পৰিল কথাষাৰ ।  সেই মূহুূৰ্ততে ঢিপ-ঢিপাই নুমাই  গৈছিল  লেম্পটোৰ জ্বলি থকা শিখাডাল  । বাহিৰখন অলপ-অলপ পোহৰ হৈ আহিছিল । জালিকটা বাঁহৰ খিৰিকীখনেৰে অকণমান পোহৰৰ ৰেশ এটি সোমাই আহিছিল । নিৰ্মলাই পাহীলৈ চাই দেখিলে পাহীয়ে শুৱাৰ পৰাই তাইৰ মুখলৈ চাই আছে । হয়তো কোনোদিন নোপোৱা মাতষাৰ পাই পাহী আচৰিত হৈছে । 
:: দেউতা কেতিয়া আহিব মাহী ?
:: নাজানো । দেউতা নাহিলেও মই আছোঁ নহয় । তই ভয় নকৰিবি মা আৰু  শুন , মোক আজিৰ পৰা মাহী বুলি নামাতিবি । আজিৰ পৰা মা বুলি মাতিবি দেই   । তোকো মই মা বুলিছোঁ  নহয় ।  তইও মাতিবি মোক ।  মাতিবিনে ? মাতচোন এবাৰ অ'  মা  ।  নিৰ্মলাই পাহীক বুকুত সাৱটি লৈ উচুপি উঠিল । কণমানি পাহীজনীয়ে একো বুজিব নোৱাৰি নিৰ্মলাৰ ডিঙিতে সাৱটি বুকুত মুখখন গুজি লাহেকৈ মাতিলে "মা"
। পাহীৰ মুখৰ "মা" শব্দটো নিৰ্মলাৰ বুকুৰ গহন কোনেদি কুৰুকি-কুৰুকি সোমাই গ'ল ।




পৃষ্ঠাঃ ৪৩
গল্পঃ
সাধু বাবা 

মুষলধাৰ বৰষুণৰ বাবে পথটো জনশূন্য । নিৰ্জন পথটোত মূৰত জাঁপি এটা লৈ  কোৰখনেৰে নলা চাফা কৰাত লাগিছে তেওঁ। যেন জগতৰ সমস্ত দায়িত্ব তেওঁৰ কান্ধতহে। মহিলা এগৰাকীয়ে মানুহজনক ঘৰলৈ যাবলৈ অনুৰোধ কৰি আছে। কিন্তু সেই সমাজসেৱকৰ সময় নাই কাৰোবাৰ কাকুতি মিনতি শুনিবলৈ। অৱশেষত মহিলা গৰাকী জেদী মানুহজনৰ ওচৰত হাৰ মানি ঘৰলৈ উভতিল। মানুহজনে একান্ত মনে নলা চাফ কৰি থাকিল চিঞৰি চিঞৰি কাৰোবাক গালি পাৰি। 
        এমুখ ভোবোকাৰ বগা দাড়ি আৰু কান্ধৰ তললৈ বাঢ়ি অহা অযত্ন চুলিৰে আধা বলিয়া ৰূপটো সৰু চহৰখনত তেনেই পৰিচিত। বহুতে মানুহ জনক বলিয়া বুলি কয়। কিন্তু তেওঁক চিনি পোৱা সমবয়সীয়া সকলে মানুহজনক বৰ সমীহ কৰে। কেতিয়াবা দুই এজনে তেওঁৰ লগত কথা পাতে। কথা পাতি পাতি ফুচুলাই ঘৰত থৈ আহে। পিছে নৱ প্ৰজন্মই তেখেতক সম্পূৰ্ণকৈ নাজানে বাবে পগলা লেতেৰা বুঢ়া বুলি জোকাই, ভেঙুচালি কৰে। কিন্তু মানুহজনে গাত পাতি নলয়। এনেদৰে এদিন উঠি অহা ল'ৰাৰ দলক পঢ়া শুনা বাদ দি সময় অপচয় কৰা বুলি ধমক দিয়াত সিহঁতে তেখেতক শাৰীৰিক ভাৱে অপদস্থ কৰিছিল। সেই ল'ৰা কেইটাৰ অভিভাৱকে গৈ তেওঁৰ ওচৰত ক্ষমা খুজি আহিছিল। তেতিয়াও কৈছিল 'সমাজ খন গুৰিৰ পৰা পৰিস্কাৰ কৰিব লাগিব ..। জীয়াই থকালৈ সমাজখনৰ বাবে ব্যক্তিগত ভাৱে যি পাৰে কৰি যাব। এইয়া সেই বিশেষ মানুহজনৰ আদৰ্শ। পৰিয়ালৰ মানুহে বুজাই বুজাই ভাগৰিছে। এতিয়া একো নকয়। যাৰ বুদ্ধিত বৃহস্পতি, জিভাত সৰস্বতী তেওঁক কোনে বলে পাৰে.? কিবা এটা কলে দহটা যুক্তি দৰ্শাই মুখ বন্ধ কৰি দিয়ে। 
       দেউতাৰ লগত গুৱাহাটীলৈ গৈ সন্ধিয়া ওভোতাৰ সময়ত দেখিলোঁ পানবজাৰৰ পানী টেংকীৰ কাষত পুলিচ পইন্টত সেই মানুহজন। মানুহজনক দাড়িৰে গোফে সাধু বাবাৰ দৰেই লাগিছে। সাধু বাবাই ট্টেফিক পুলিচ হৈ গাড়ীৰ যানযট নিয়ন্ত্ৰণ কৰিছে। দেউতাই হুমুনিয়াহ কাঢ়ি কৈছিল ইমান বিজ্ঞ মানুহজনে নিজকে কিয় ধ্বংস কৰিলে নুবুজোঁ। সেই দিন ধৰি সাধু বাবাৰ প্ৰতি জিজ্ঞাসা বাঢ়িছিল। কিছুমানে পগলা বুলি উপলুঙা কৰা সাধু বাবাক দেউতাই বিজ্ঞ বুলিছে। সেই শব্দৰ পম খেদি তেখেতক জানিবলৈ আগ্ৰহ বাঢ়িছিল। মনতে সপোন পুহি ৰাখিছিলোঁ এদিন তেখেতৰ লগত কথা পাতিম।




পৃষ্ঠাঃ ৪৪


সেই সময়ত মই নৱম শ্ৰেণীৰ ছাত্ৰী। স্কুল বন্ধ বাবে প্ৰধান শিক্ষকৰ ঘৰত অঙ্ক শিকিবলৈ গৈছিলোঁ। সম্মূখৰ পৰা সাধু বাবা আহি থকা দেখি তেখেতৰ ওচৰ পাই নমস্কাৰ বুলি কৈ চৰণ চুই সেৱা কৰিলোঁ। দুহাতেৰে মোৰ মূৰত স্পৰ্শ কৰি বিৰবিৰাই আশীৰ্বাদ দিলে। দেখিলোঁ দুচকুৰে লোতক বাগৰি আহিছে। নুবুজিলোঁ সুখৰ নে দুখৰ চকুলো! মোক নিৰিক্ষণ কৰি সুধিলে, তুমি বাৰু ডাক্তৰ বৰ্মনৰ জীয়ৰী নেকি? মই আচৰিত হ'লো ইমান সুক্ষ্ম দৃষ্টি ?   মই কলো, বৰদেউতা সৌটো আমাৰ ঘৰ এপাক যাওঁ  আহক। আপোনাক আমাৰ ঘৰৰ সকলোৱে বৰ ভাল পায়। তেখেতে এটা মিঠা হাঁহি মাৰি কলে , জানোঁ জানো তোমাৰ দেউতা মোৰ ভাইৰ দৰে । ব'লা তোমাৰ হাতৰ চাহ একাপ খাওঁ। মই টিউচনলৈ নগৈ সাধু বাবাৰ লগত ঘৰমুৱা হ'লোঁ। মানুহজনে ঝাৰুৰে ৰাস্তা চাফা কৰি আহি থাকিল। এনেদৰে আহি আহি আমাৰ ঘৰৰ নঙলা পাৰ হৈ গুচি গ'ল। কি যে চিন্তাত বিভোৰ হৈ থাকে... মোৰ হাতে একাপ চাহ খাম বুলি পাহৰি নিজতে মগন হৈ আগুৱাই গুচি গ'ল। মই মাথোঁ ৰৈ থাকিলোঁ সুন্দৰ অনুভৱত পবিত্ৰ দুখন হাতৰ আশীৰ্বাদে মোৰ সমগ্ৰ মানুহজনীকে পবিত্ৰ কৰি থৈ গ'ল, দুচকুৰ দুধাৰি চকুলোৱে মোক দি গ'ল তেখেতৰ কিবা এটা - - - 
সিদিনা আঁতৰৰ পৰা  ঘৰটো দেখুৱাই দেউতা উভতি গ'ল। মই ভয়ে ভয়ে এদিনীয়া ঘৰখনৰ দুৱাৰত টোকৰ দিলোঁ। দুৱাৰ খুলি যি গৰাকী সাদৰি নাৰী ওলাই আহিল তেখেত যে মোৰ আৰাধ্য বৰদেউতাৰ সুযোগ্য পত্নী বৰমা অনুমান কৰিব পাৰিছিলোঁ। বৰমা বুলি সেৱা জনাই মই যোৱাৰ উদ্দেশ্য বুজাই কলো। লগত নিয়া অসমবাণী আৰু দৈনিক অসম বাতৰি কাকত দুখন দি আহিলোঁ। সদায় দুয়োখন বাতৰি কাকত দিবলৈ আহিম বুলি কলো। বৰমাই আহিবলৈ অনুমতি দিলে আৰু ক'লে বাতৰি কাকত দুখন পালে বৰ সুখী হ'ব তেওঁ কাৰণ তেওঁ ক'লা আখৰৰ ভোকাতুৰ। আৰু কৈছিল তুমি আহিবা মাজনী কিজানি তোমাৰ লগত দুষাৰ কথা পাতে ! এসময়ত এবাৰ খোল খালে বন্ধ নহোৱা মুখ এতিয়া কথা ন'কোৱা  হ'ল। মই আকৌ আহিম বুলি কৈ সিদিনা গুচি আহিলোঁ। 
        লাহে লাহে সাধু বাবা আৰু মোৰ মাজত বন্ধুত্ব হৈছিল। মোক বিশ্বাসত লৈছিল। বিভিন্ন বিষয়ত মোক কৈছিল। মোৰ জানিবলৈ আগ্ৰহ বাঢ়ি গৈছিল। মই মাত্ৰ কওঁ বৰদেউতা আপোনাৰ দিনৰ কথা কওঁকচোন। যিমানে দিন গৈছিল সিমানে তেখেতৰ বিভিন্ন ৰূপ মোৰ সম্মূখত ধৰা দিছিল। এবাৰ বুজাই মেলি আমাৰ মহাবিদ্যালয়ৰ মুকলি সভাত ভাষণ দিবলৈ লৈ গ'লো। বিশেষ বেশভূষাৰে গহীন গম্ভীৰ ৰূপত সভাত উপস্থিত হ'ল। ভাষণ শুনি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইমানেই ভাল পালে যে, তেখেতৰ ভাষণ আছে বুলি জানিলে য'তে সভা আছে বুলি খবৰ পায় তালৈকে যায়। বৰদেউতা সাধু বাবাই এবাৰ কৈছিল কেনেকৈ তেখেতে কটন কলেজত দহ বছৰ ধৰি কলেজৰ অধ্যক্ষৰ ঘৰটো অধিগ্ৰহণ কৰি থকা আৰ্মি ব্ৰিগেডিয়াৰক খেদিছিল। এনেদৰে কটন কলেজত পঢ়া দিনৰ বহুতো কাহিনী কৈছিল। সেই সকলো কাহিনীৰ মাজত বিচাৰি পাইছিলোঁ উগ্ৰ জাতীয়তা বোধ, সমনীয়াতকৈ পৃথক চিন্তাৰ এজন ছাত্ৰ। দিনবোৰ গৈ আছে। ময়ো সদায় বাতৰি কাকত দিবলৈ গৈ অলপ সময় কটাই আহোঁ। ক্ৰমান্বয়ে তেখেতৰ আৰু ওচৰ চাপি গ'লো। তেখেতৰ ব্যক্তিত্বই আকৰ্ষণ কৰি গৈ থাকিল। আমাৰ মাজৰ সংকোচ কমিবলৈ ধৰিলে। এদিন চুলিবোৰ মেলি মূৰ মালিচ কৰিব দিছিলে। সেইদিনা মোৰ আনন্দৰ পাৰ নাছিল। সেইদিনা মূৰৰ মালিচৰ সোৱাদ লৈ লৈ কৈ গৈছিল...  ছপা আখৰ আৰু বাতৰি কাকতৰ মোহত পৰি কেনেকৈ কলিকতা পাইছিলগৈ। ছাত্ৰ ৰূপে থাকি সাংবাদিকতাৰ প্ৰতি আকৃষ্ট হৈ অৰ্জিত অভিজ্ঞতাৰে পাইছিলগৈ ব্ৰহ্মদেশৰ ৰেংগুন নগৰ। সাংবাদিক ৰূপত সুদুৰ প্ৰাচ্য ভ্ৰমনলৈ গৈ তাতো সাংবাদিকতাৰ অভিজ্ঞতা আৰ্জিছিল।





পৃষ্ঠাঃ ৪৫


প্ৰাচ্যৰ পৰা আহি এইটো শিকাব বিচাৰিছিল সাংবাদিকতাই কোনো মালিক নামানে। যি কোনো পৰিস্থিতিকে সংবাদ পত্ৰই যথাযোগ্য ভাবে পৰিবেশন কৰিব পাৰে। কিন্তু সাংবাদিকতাতো সুস্থিৰ থাকিব নোৱাৰিলে। আকোৰ গোজ চৰিত্ৰ আৰু আদৰ্শই সাংবাদিকতাত থকা এৰাধৰা বা বুজাবুজি মনোভাব সহিব নোৱাৰি সেই পথকে ত্যাগ কৰিলে। কথা কোৱা বন্ধ কৰি লিখিব ল'লে। এজন হিতাকাঙ্খী বন্ধুৰ মৃত্যুৰ শোকত এখন কবিতা পুথি লিখি কাব্য প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছিল। কোনোবাই তেখেতৰ বিষয়ে কৈছিল  .. The poet, the lover and the madman are all of imagination compact .... একেধাৰে সাহিত্যিক, শিল্পী কাৰ্টুনিষ্ট আছিল সাধু বাবা.... মোৰ চকু চমকি উঠিছিল। যি কাম কৰিছিল একক ৰূপত কৰিছিল। সাধু বাবা বৰদেউতাই কৈছিল, তেখেতৰ এখন বিশেষ কাৰ্টুনৰ বিষয়ে। "বুজিছ, মই ছবিখনত এজন খেলুৱৈ থিয় হৈ বৰ ডাঙৰ বলত গোৰ মাৰা আঁকি ফুটবলটোৰ গাত লিখি দিছিলোঁ - - ' ছিঃ লঠিয়া"--লাহেকৈ হাঁহিটো মাৰি উঠি গৈছিল তীক্ষ্ণ বুদ্ধিৰ কাৰ্টুনিষ্ট জন। মই তন্ময় হৈ গৈছিলোঁ শিশুৰ দৰে নিৰ্মল হৃদয়ৰ মানুহজনক  বয়সে হাৰ মনাব নোৱাৰাজনৰ কীৰ্তি কলাপ শুনি শুনি। লাজো পাইছিলোঁ মই দেখোন একোৱে নাজানোঁ.। দেউতাই কৈছিল, সাধু বাবা আছিল  a born leader of men.. একপট দেশপ্ৰেম আৰু অগাধ পাণ্ডিত্যৰে তেখেত নেতা হ'বলৈহে জন্মিছিল। সেই সৰল মানুহজনে লেতেৰা ৰাজনীতিত নোসোমাল। মনত বিৰাট ক্ষোভ আৰু বেদনা বান্ধি হাৰ নমনা স্বভাৱৰ বাবেই  জীৱনৰ শেষ সময়লৈ অকলে কৰি যাবলৈ হাতত ঝাৰু তুলি লৈছিল। সমাজখন তলৰ পৰাই চাফা কৰাৰ সংকল্প লৈছিল। সময়ত লগ সমনীয়াৰ পৰা আঁতৰি আহি অকলশৰীয়া জীৱনত অভ্যস্ত হৈছিল। দিবলৈ শিকা মানুহজনে ল'বলৈ আগ্ৰহে নকৰিলে। বহু কাম কৰি গৈছে কিন্তু নামৰ পিছত নুফুৰিলে। সমাজত নিমিলা, আকাশৰ দৰে বিশাল হৃদয়ৰ উদাৰ মনৰ মানুহ সাধু বাবা মোৰ হৃদয়ৰ বিশেষ স্থানত অধিস্থিত হৈছিল। এটা প্ৰশ্নই মোক খুলি খুলি খাবলৈ ধৰিছিল কিয় সকলো বিষয়ত বুৎপত্তি থকা মানুহজনে শৃংখলাবদ্ধ জীৱন শৈলী আকোঁৱালি আন দহজনৰ দৰে এখন বিশেষ আসন নললে। কি সেই ৰহস্য  ? কিহৰ বাবে মানুহজনে সোঁতৰ বিপৰীতে গৈ অসাধাৰণ জীৱনক আকোঁৱালি ল'লে। সমগ্ৰ জীৱনৰ সাধনাক জাবৰ - জোথৰ লগত বিলিন কৰি দিলে। এয়া কি আদৰ্শ.? যিমানে ওচৰ চাপিছো সিমানে ব্যগ্ৰতা বাঢ়ি গৈছিল। মই যেন দিন ৰাতি তেখেতৰ পৰিচাৰ্য কৰি ওচৰে ওচৰে থাকিম। কেতিয়াবা কেতিয়াবা এনে ভাবে আচ্ছন্ন কৰিছিল, জধলা লেতেৰা ছবিৰ তলত বাস কৰা বলিষ্ঠ ব্যক্তিত্বক আজুৰি আনি সকলোৰে সন্মুখত উদঙাই দিম। নোৱাৰিলোঁ মই, হয়তো তেখেতে মোক পঢ়ি পেলাইছিল। লাহে লাহে মোৰ পৰা আঁতৰি থাকিব লৈছিল। দুখত মই অস্থিৰ হৈ গৈছিলোঁ .. মই কি দোষ কৰিলোঁ যে মোৰ পৰা আঁতৰি থাকিব লগাত পৰিল। বহু দিন কান্দিলো। তেখেতৰ পৰা আঁতৰি থকাতো মোৰ বাবে অসম্ভৱ। সদায় এবাৰ লগ পাব লাগিবই। মোৰ অন্তৰ আত্মা কান্দি উঠিল... 
সদায় যাওঁ বৰমাৰ লগত কথা পাতি গুচি আহোঁ। সাধু বাবাই তেওঁৰ কাষলৈ যাবলৈ অনুমতি নিদিয়ে। ভিতৰি ভিতৰি মই বাউলি হৈ পৰোঁ। স্থিতপ্ৰজ্ঞৰ চৰণত পৰি কান্দি কান্দি শুধিবলৈ মন যায়। কি দোষ মোৰ, কিয় এই শাস্তি ? এজন মানুহক জানিবলৈ চেষ্টা কৰাটো বা তেওঁক হৃদয়েৰে ভাল পোৱাটো কি দোষ...? এই অৱস্থা যে কেৱল মোৰ হৈছে এনে নহয়। সাধু বাবাৰ সান্নিধ্যত যিয়ে এবাৰ আহিছে তেওঁলোকৰ একে অৱস্থা। বৰ খেয়ালী মানুহ.! 
        এখন শুভ্ৰ দাড়ি চুলিৰ মুখ, ডেকা বয়সৰ কথা কৈ থাকিলে হঠাৎ মুখমণ্ডল উজ্বলি উঠে, পৃথিৱীৰ সমস্ত জ্যোতি বিয়পি পৰে । কিন্তু সেইয়া মাত্ৰ ক্ষন্তেকৰ বাবেহে,  আকৌ বৰ্তমানলৈ উভতি আহি জয় পৰি যায় নিমিষতে। খৰালিৰ শীৰ্ণ নদীখনৰ দৰে প্ৰানহীন, বৈ আছে বুকুত গধুৰ বোজা কঢ়িয়াই.। এদিন কটন কলেজৰ কথা ক'বলৈ গৈ হুকহুকাই কান্দি উঠিলছিল। বৰমা আহি কোনোমতে স্বম্ভালিছিল। সৰল শিশু এটি কান্দি কান্দি মাকৰ কোচত শুই পৰাৰ দৰে বৰমাৰ কোচত শুই পৰিছিল। সিদিনা মোৰ সহৃদয়তাৰে ক'বলৈ মন গৈছিল, "সাধু বাবা আপোনাৰ সকলো দুখ মোক দি আপুনি পাতল হওঁক। বহুত কঢ়িয়ালে অকলে অকলে।" কিন্তু নীৰৱে ৰৈ গৈছিলোঁ। এই ঘটনাৰ কেইদিনমান পিছত সাধু বাবা অসুস্থ হৈ পৰিল। তেখেতক স্থানীয় হস্পিতালত ভৰ্তি কৰোৱা হ'ল। মাত্ৰ তিনিটা দিন আছিল স্থিত প্ৰজ্ঞ বীৰ জীৱন যোদ্ধা। তিনি দিনত বৰমা আৰু মোক বাদে কাকো তেখেতৰ কাষলৈ আহিব দিয়া নাছিল। দুৰ্বল চকু জুৰিৰে মোলৈ চাই বৰমাৰ হাতখন মোৰ হাতত তুলি দিছিল, দুটোপাল চকুলো বৈ আহি আমাৰ হাতত পৰিছিল আশীৰ্বাদ নে অনুৰোধ .! তেখেতে বাৰু মোৰ ভিতৰৰ মানুহজনীক চিনি লৈছিল নেকি.? আমাৰ জীৱনত ঘটা বহু ঘটনাৰ বহু প্ৰশ্ন সাঁথৰ হৈয়ে থাকে। হয়তো সেইটো প্ৰয়োজনো। 
                সময়বোৰ দ্ৰুত গতিত বাগৰিল কিন্তু মই সাধুবাবাৰ ঘৰখন নেৰিলো।সময় পালেই এপাক যাওঁ।এদিন যাওঁতে বৰমাই কৈছিল.. সাধু বাবাই বোলে কৈছিল মোৰ ভিতৰত গোসাঁনী আছে। মোৰ প্ৰিয় মানুহজনে এনে এষাৰ কথা কৈছিল আৰু মই জানিব পাইছো এতিয়া! বৰমাই যদি সেই সময়ত মোক কলে হয় মই বা কি কৰিলোঁ হয় ..? সকলো কথা বা কামৰ নিৰ্দিষ্ট সময় থাকে। তাৰ আগত বা পিছত নহয়। 
        বুকুৰ মাজত হাজাৰ প্ৰশ্ন - উত্তৰ সামৰি বিজ্ঞ, সাহিত্যিক, শিল্পী, কাৰ্টুনিষ্ট, দেশপ্ৰেমিক, শিশুৰ দৰে কোমল হৃদয়ৰ মানুহজন শ্মশানত পৰিসমাপ্তি ঘটিল। পোৰা শৰীৰ জুইৰ ধোঁৱাত বিলিন হৈ নিৰ্মল আকাশলৈ গুচি গ'ল। মাটিৰ মানুহ মাটিৰ লগত মিলি গ'ল, নীৰৱে অযুত অভিমানেৰে ..। মোৰ সম্মূখত ভাঁহি উঠিল  হাতত ঝাৰু লৈ সমাজ পৰিস্কাৰ কৰিবলৈ ওলোৱা বীৰযোদ্ধাৰ সকৰুণ মুখখন কেনেকৈ নিমিষতে গিলি পেলাইছিল অগ্নিশিখাই। 
          সেই অগ্নিশিখা বুকুত কঢ়িয়াই জীৱন পৰিক্ৰমন কৰিলে বৰমাই আৰু মোৰ জীৱন পৰিবৄত্ত হৈ থাকিল সেই অগ্নিশিখা.... 

হীৰণ ভূঞা
মুম্বাই, ফোনঃ 8898620831


পৃষ্ঠাঃ ৪৬


নীলা খামৰ চিঠিঃ


মৰমৰ,
       মোৰ হিয়াৰ কোঠৰিত সযতনে ৰাখি থোৱা মৰমবোৰ ল’বা৷ জীৱনৰ যান্ত্ৰিকতাৰ মাজতো কেতিয়াবা তোমালৈ মোৰ বৰকৈ মনত পৰে৷ সেয়ে চিঠিখন লিখিছোঁ৷ যোৱাৰাতি তোমাক সপোনতো দেখিছিলোঁ জানা ৷ তোমাৰ নে মোৰ সেইটো নকওঁ। কিন্তু দুই ওঁঠৰ ওপৰেৰে আঙুলিৰ বোলটো পাৰ হ’বলৈ নৌপাওঁতেই সাৰ পাই উঠিলোঁ৷ তেতিয়া মোৰ কিবা খং উঠি গৈছিল৷
         আজি প্ৰথম বাৰৰ বাবে মোৰ এনেকুৱা হৈছে যে তোমালৈ বুলি এখন চিঠি  লিখিবলৈ লৈ ভাষাবোৰ হেৰুৱাই পেলাইছোঁ৷ কলমটো হাতত লোৱাৰ লগে লগে উজানৰ ৰূপোৱালী মাছৰ দৰেই বুকুত হেজাৰ কথাৰ উজান ৷ অথচ. . . অথচ ভাষাবোৰ যে ক’ত হেৰাই গ’ল নিজেই বিচাৰি পোৱা নাই৷ তুমি বাৰু শুনিছানে মোৰ হৃদয়ৰ স্পন্দন ? কলমটো দেখোন থৰ-থৰকৈ কঁপিবলৈ ধৰিছে। বহগুৱা বতাহ জাকে আহি বৰকৈ আমনি কৰিছে অ৷ বাৰিষাৰ গাভিনী নৈখন চঞ্চলা হৈ পৰাৰ দৰে মোৰো চকুযুৰি  ক্ৰমাৎ . ... . . ... উস্ অনুভৱেৰে মুখৰিত হৃদয়ৰ ভাষা প্ৰকাশ কৰিব নোৱাৰাটো কিযে বিড়ম্বনা!! মাথোঁ, বকুলসৰা দুৱৰিত উপচি পৰা মুঠি মুঠি জোনাক বোটলাৰ হাবিয়াস৷ পাৰিজানো, জোনাকবোৰ মুঠি মুঠিকৈ বান্ধিব ? ওঁহো নোৱাৰি৷ তথাপিও বাৰে বাৰে আজি শব্দৰে যোৰা লগাই ঘূৰণীয়া কৰিবলৈ লৈছোঁ তোমাৰ আৰু মোৰ মৰমৰ এপিয়লা সুখ৷ জোনাক গলা ৰাতি মেঘৰ মোহনাত ডাৱৰৰ ফাঁকে ফাঁকে তোমাক বিচাৰি ফুৰাৰ উন্মাদনাত আপোন পাহৰা হৈ পৰোঁ জানা !
         হাঃ হাঃ কিযে আবোল-তাবোল কথা লিখিছোঁ নহয়! তোমাৰ হাঁহি উঠিছে চাগে ? আচলতে কি জানা ? ভাষাবোৰ শব্দহীন হৈ গ’লে অনুভৱবোৰ হৈ পৰে প্ৰলাপ৷ বোবা বেদনাক কিনো নাম দিবা! এনেকৈয়ে যে হাঁহিব বিচাৰে৷
       কথা এটা কওঁ, সিদিনা নদীৰ ঘাটত বহি থাকোঁতে তুমি কিয় মোলৈ ৰ-লাগি চাই আছিলা ? মোৰ কিবা লাজ লাগি গৈছিল৷ চকুত চকু পৰাৰ লগে লগে তুমি যে মিচিকিয়াই হাঁহি দিছিলা. . . .. . ছবিখন মোৰ স্পষ্টকৈ মনত আছে জানা। আচলতে আমাৰ দূৰত্বৰ মাপকাঠিত মৰমবোৰ এডাল মেৰখাই থকা জৰী৷ তোমাৰ বাৰু আজিকালি মোলৈ মনত পৰেনে? মোৰ হ’লে পৰে৷ কেতিয়াবা নিৰিবিলি ক্ষণত, বাউলী হৈ পৰিলে কলিজাৰ দুয়োপাৰ উপচাই চিপ্ চিপকৈ জোনাকৰ বৰষুণ হয়৷ কেতিয়াবা দুখ লাগে জানা? কোনোদিনেই তোমাক নিজৰ কৰি লোৱাৰ হাবিয়াস কণ পূৰ্ণ কৰিব নকৰিলোঁ যে, . . . সেইকাৰণে৷ কেতিয়াবা মৃন্ময়ৰ নঙঠা টিলাৰ ওপৰত থিয় হৈ পৰ্বত শিখৰ কঁপাই চিঞৰি চিঞৰি মাতিবলৈ মন যায় তোমাক৷ তুমি বাৰু শুনিবানে তাৰ প্ৰতিধ্বনি? কাণ পাতি শুনিবাচোন এবাৰ৷ উপলব্ধি কৰিবাচোন কিমান আকুলতা আছে তাত৷ 
           আজিলৈ আৰু নিলিখোঁ দিয়া ৷ কেতিয়াবা যদি মোলৈ মনত পৰে নদীৰ ঘাটৰ পৰাই চিঞৰ এটা মাৰিবা৷ মই ভটিয়নী সোঁতত সাঁতুৰি-নাদুৰি গৈ তোমাক বিচাৰি পাম৷ আজি মনৰ মাজত থকা উগুল-থুগুল কথাবোৰ লিখিলোঁ৷ ভাষাবোৰ কিবা অসংযত হৈছে যদি বেয়া নাপাবা৷ আগতে দিয়াৰ দৰে পচোৱাজাকৰ হাততে চিঠিখন পঠালোঁ৷ 
                                  ইতি
                                     তোমাৰেই . . . . . .     

পুনঃ ---  পোৱা-নোপোৱাৰ জটিল প্ৰশ্নৰ মাজত নিজকে দুখী নকৰিবা৷ শেষত এষাৰ কথাই ক’লোঁ,  you are the best for me.

মল্লিকাগিৰি বৰুৱা
জাঁজী, জামুগুৰি, শিৱসাগৰ



পৃষ্ঠাঃ ৪৭

মতামত শিতানঃ

আমাৰ প্ৰশ্নঃ
অনলাইন শিক্ষা ব্যৱস্থা সম্পৰ্কে আপোনাৰ মতামত কি ?

আপোনাৰ উত্তৰঃ

(শ্ৰেষ্ঠ হিচাপে বিবেচিত মতামত)

পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম l পৰিৱৰ্তনৰ লগত খাপ খাই চলিব জনা জনেহে জীৱনত নিজৰ স্থিতি বজাই অাগবাঢ়ি যাবলৈ সক্ষম হ'ব l বৰ্তমান সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ লোৱা ক'ভিড-১৯ সংক্ৰমন ৰোধ কৰিবৰ বাবে যি লকডাউনৰ ব্যৱস্থা কৰা হৈছে , সেই ব্যৱস্থাই জন জীৱন স্তব্ধ কৰি পেলাইছে l 
        এনে পৰিস্থিতি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ১৫ মাৰ্চৰ পৰা প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত আগবঢ়াই নিয়া অনলাইন শিক্ষা ব্যৱস্থা এক আশীৰ্বাদ হৈ পৰিছে l গৃহবন্দী হৈও অনলাইন শিক্ষাৰ মাধ্যমেৰে যাতে নিজৰ পাঠ্যপুথি  নিয়মিত অধ্যয়ন কৰিব পাৰে তাৰ বাবে চৰকাৰী আৰু বেচৰকাৰী বহুতো ৱেবচাইট মুকলি কৰা হৈছে  l
              এই কথা লক্ষ্যণীয়, যে ভাৰতবৰ্ষৰ প্ৰায় সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ বৰ্তমানেও আন্ত:গাঁঠনি সৰ্ম্পূণ হৈ উঠা নাই l ভাৰতবৰ্ষত এতিয়াও এনে বহু ঠাই আছে য'ত বৈদ্যুতিক সংযোগ নাই , নেটৱৰ্কৰ উপযুক্ত ব্যৱস্থা নাই  l তদুপৰি দৰিদ্ৰতাৰ কৰাল গ্ৰাহত থকা ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰত সকলো লোকৰে  স্মাৰ্টফোন বা তেনে কোনো বৈদ্যুতিক যন্ত্ৰ কিনাৰ সামৰ্থ নাই  l.                       
             তদুপৰি ভাৰতবৰ্ষত পৰম্পৰাগতভাৱে চলি অহা শিক্ষা ব্যৱস্থাত অভ্যস্ত শিক্ষক ছাত্ৰ-ছাত্ৰীসকল নতুন অনলাইন শিক্ষা ব্যৱস্থাৰ লগত নিজক সম্পূৰ্ণৰূপে খাপ খাই চলিবলৈ সমৰ্থ হোৱা নাই l লগতে আমি এই কথা মনত ৰাখি চলা উচিত যে, সামাজিকীকৰণৰ এটা উল্লেখযোগ্য প্ৰতিনিধি হৈছে বিদ্যালয় ব্যৱস্থা l  এটি শিশু সামাজিকীকৰণ কৰাত পৰিয়ালৰ পাছতেই বিদ্যালয়ৰ যি ভূমিকা তাক নুই কৰিব নোৱাৰি l গতিকে অনলাইন শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে  বিদ্যালয়ৰ বিকল্প হ'ব নোৱাৰে l ই এক সম-সাময়িক প্ৰতিকাৰহে l 
          ভৱিষ্যতে অনলাইন শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ জৰিয়তে বৈদ্যায়তনিক শিক্ষাৰ এটা অংশ অনলাইন শিক্ষাৰ মাধ্যমেৰে প্ৰদান কৰিব পৰা যাব l ই সময়ৰ আহ্বান ৰূপেই সকলোৰে বাবে গ্ৰহণীয় হ'ব l  
               সকলো ইলেক্টনিক বা বৈদ্যায়তনিক মাধ্যমেৰ ভাল বেয়া দুয়োটা দিশেই থাকে l ইয়াৰ কোনটো দিশ প্ৰভাৱশালী হ'ব সেয়া ব্যৱহাৰকাৰীৰ ব্যৱহাৰৰ ওপৰতেই নিৰ্ভৰশীল l গতিকে ছাত্ৰ-ছাত্ৰীৰ নৈতিক দায়িত্ব যে, তেওঁলোকে অনলাইন শিক্ষা গ্ৰহণৰ বাবে লাভ কৰা ইলেক্টনিক সামগ্ৰীৰ অপপ্ৰয়োগ কৰি সময় অপচয় নকৰে যেন l 
          ইয়াৰোপৰি অনলাইন শিক্ষাৰ সময়, বিষয় আদি ছাত্ৰ-ছাত্ৰীৰ স্তৰ অনুসৰি সু-পৰিকল্পিত ৰূপত প্ৰদানৰ ব্যৱস্থা কৰাতো বৰ্তমান শিক্ষাজগতৰ বাবে এক প্ৰাসংগিক বিষয় l 
         গতিকে এই অনলাইন ব্যৱস্থাত থকা আসোঁৱাহসমূহ দূৰ কৰি 'সকলোৰে বাবে শিক্ষানীতি' সঠিকৰূপত প্ৰৱৰ্তন কৰিব পাৰিলে অনলাইন মাধ্যমত শিক্ষা সকলোৰে বাবে গ্ৰহণীয় হ'ব l

শ্ৰী সোনালী শইকীয়া
জিলা: যোৰহাট [টিয়ক] 
দূৰভাষ: ৬০২৬০৪১০৪৩
ডাকঘৰ: আমতল[৭৮৫৬৮২]


***

সাম্প্ৰতিক সময়ত দেশৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ শিক্ষাপ্ৰতিস্থান বন্ধ ঘোষণা কৰা হৈছে | এনে সময়তে শিক্ষাৰ্থী সকলৰ শৈক্ষিক দিশত যাতে কোনো ধৰণৰ ব্যাঘাত সৃষ্টি নহয়, তাৰ বাবে অনলাইনৰ যোগেদি শিক্ষা প্ৰদানৰ এটা ধাৰা সৃষ্টি হৈছে |কিন্তু এই অনলাইন শিক্ষা কিমান দূৰ গ্ৰহণযোগ্য? নিসন্দেহে ডিজিটেল পৃথিৱীৰ অংশ হিচাপে অনলাইন শিক্ষা বৰ্তমানৰ পৰিস্থিতি সাপেক্ষে যথেষ্ট ব্যৱহাৰপযোগী |
কিন্তু তাৰ মাজতো থাকি যায় কিছুমান প্ৰশ্নবোধক! 
ভাৰতত লকডাউন ঘোষণা কৰাৰ লগে লগে একাংশই অনলাইনৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ ৰৈ যোৱা পাঠ্যক্ৰম সমূহ পাঠদান কৰাবলৈ আগবাঢ়ি আহিল | মোৰ ধাৰণামতে,  অনলাইন পাঠদানৰ ক্ষেত্ৰত দেখুওৱা এই উৎসাহ যদি শ্ৰেণীকোঠাৰ ভিতৰত থাকিল হেঁতেন, ভাৰতবৰ্ষই শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক সফলতাৰ দিশত অগ্ৰসৰ হ'ল হেঁতেন | 
       তদুপৰি প্ৰাথমিক মাধ্যমিক পৰ্য্যায়ৰ ছাত্ৰ ছাত্ৰীৰ হাতত এন্ড্ৰয়ড মোবাইল, লেপটপ তুলি দিয়াটো জানো উচিত হৈছে | ইয়াৰ দ্বাৰা তেওঁলোকৰ ভাৰ্চুৱেল জগত খনৰ প্ৰতি আকৰ্ষণ নাবাঢ়িবনে? 
     আনহাতে ভাৰতবৰ্ষ তথা অসমত আজিও এনেকুৱা বহু পৰিয়াল আছে যাৰ এটা মোবাইল ফোন যোগাৰ কৰাৰ সামৰ্থ্য নাই | তেনে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব ?  এই অনলাইন শিক্ষাৰ যোগেদি তেওঁলোকক মানসিকভাৱে আঘাত কৰা নাই নে?
       বৰ্তমানৰ পৰিস্থিতিত মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষা অধিক প্ৰয়োজনীয় যিহেতু অতি কম সময়ৰ ভিতৰতে তেওঁলোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয় | কিন্তু প্ৰাথমিক পৰ্য্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক  অনলাইন শিক্ষা প্ৰদান কৰি মোবাইলৰ প্ৰতি আকৰ্ষিত কৰি তোলাতো কিমানদূৰ গ্ৰহণযোগ্য সেয়া নিতান্তই বিবেচনীয় |

দেৱাশ্ৰী হাজৰিকা

***

Online education is like a rising tide ,it's going to lift all boats.
অনলাইন শিক্ষা ব্যৱস্থা সম্পৰ্কে একপক্ষীয় মতামত আগবঢ়োৱাতো তেনেই উজু নহয় । মোৰ মগজুৰে ঢুকি পোৱা চিন্তাৰে ক'ব বিচাৰোঁ যে-   অনলাইন শিক্ষাই ছাত্ৰ ছাত্ৰীক আধুনিক - বিজ্ঞানসন্মত যুগত সহাৱস্থানৰ শিক্ষা দিয়ে । কিন্তু আজিৰ প্ৰতিযোগিতাৰ যুগত অফলাইন শিক্ষাৰো প্ৰয়োজনীয়তা নথকা নহয় ৷
  আমি বহি: সমাজৰ লগত অভিযোজন কৰিবলৈ আনুষ্ঠানিক শিক্ষা অতি ফলপ্ৰসূ ৷ কিন্তু সামাজিক ব্যাধিয়ে সমাজত গা কৰি উঠিলে অনলাইন শিক্ষাৰ লগতো আমি চিনাকী হৈ নিজকে সময়ৰ লগত আগবঢ়াই নিব পাৰোঁ ৷ আকৌ, কিছুমান এনে শিৰ্ক্ষাৰ্থী আছে,যিয়ে ঘৰৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ম-সংস্থাপনত নিয়োজিত হ'ব লগা হয় ৷ কিন্তু পঢ়া-শুনাও কৰি থাকিব বিচাৰে ৷ তেওঁলোকৰ বাবে অনলাইন শিক্ষা ঊষাৰ প্ৰথম ৰেঙণিৰ দৰে প্ৰাপ্তিদায়ক ৷

"शिक्षा हि सफ़लता की कुंजी है"

সাগৰিকা গোস্বামী
নলবাৰী


পৃষ্ঠাঃ ৪৮


নিয়মীয়া শিতানঃ

জ্ঞানৰ সঁফুৰা

১) ৰমাকান্ত চৌধুৰীয়ে ৰচনা কৰা নাটক কোনখন?

২) 'বঙাল-বঙালনী' নাটকৰ নাট্যকাৰ কোন?

৩) 'মেঘনাদ বধ' কোনে ৰচনা কৰিছিল?

৪) 'মহৰি'নাটকৰ ৰচক কোন?

৫) 'টোপনিৰ পৰিণাম' কোন শ্ৰেণীৰ নাটক?

৬) 'বেলিমাৰ' নাটকখন কোনে ৰচনা কৰিছিল? 

৭) 'কুকুৰীকণাৰ আঠমঙলা' নাটখনৰ ৰচক কোন?

৮) 'হৰধনু ভংগ' নাটকখনৰ ৰচক কোন?

৯) প্ৰথম অসমীয়া আধুনিক নাটক কোনখন ?

১০) শচী-সত্যভামাৰ কাজিয়াৰ দৃশ্য সম্বলিত অংকীয়া নাটক কোনখন?

(উল্লেখিত প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি আমালৈ প্ৰেৰণ কৰক। শুদ্ধ উত্তৰ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। শুদ্ধ উত্তৰসমূহৰ লগতে আপোনাৰ নাম, ঠিকনা 91275 64124 নম্বৰলৈ হোৱাটচএপ যোগে প্ৰেৰণ কৰক। উত্তৰ প্ৰেৰণৰ অন্তিম তাৰিখ 12 আগষ্ট 2020)

(যোৱাসংখ্যাৰ জ্ঞানৰ সঁফুৰাৰ উত্তৰ সমূহ:- এজৰা পাউণ্ড, জে'মছ জয়েছ আৰু ভাৰ্জিনিয়া উলফ, সাহিত্য বিচাৰ, টি·ই·হিউম, আলবেয়াৰ কেমু, এৰিষ্ট'টল, ছিগমাণ্ড ফ্ৰয়েদ, ৱাল্টাৰ পেটাৰ, অস্কাৰ ৱাইল্ড , মিল্টন ৷)
উল্লেখযোগ্য যে যোৱা সংখ্যাত শুদ্ধ উত্তৰ কোনেও দিব নোৱৰাত বিজয়ী ঘোষণা কৰিব পৰা নগ'ল ৷


পৃষ্ঠাঃ ৪৯


নিয়মীয়া শিতানঃ

শব্দৰ যট্পট্

(তলত কেইটামান সঘনে ব্যৱহাৰ হৈ থকা শব্দৰ আখৰসমূহৰ স্থান সলনি কৰি দিয়া হৈছে। শব্দসমূহ শুদ্ধকৈ লিখি আমালৈ প্ৰেৰণ কৰক। আটাইকেইটা শব্দৰ শুদ্ধ ৰূপ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। 91275 64124 নম্বৰৰ হোৱাটচএপত উত্তৰসমূহ প্ৰেৰণ কৰক। জমা দিয়াৰ অন্তিম তাৰিখ 12 আগষ্ট 2020।)

১/ তীয়াকখৰি
২/ ৱৈছোমা
৩/ পিয়ানীপা
৪/ তৰুল্পক
৫/ ননিঞ্জৰ
৬/ বিমানীয়া 
৭/ৰানামথু
৮/ নন্দালকাঅ
৯/ নাচ‌্হানাহা
১০/ লমাজায়া
..................................................

যোৱা সংখ্যাৰ শুদ্ধ উত্তৰ সমূহঃ
খঁৰামূৰা, খঁটাসুৰ, চপেটাঘাত, চিত্তশুদ্ধি,জলন্ধৰ,টাটকীয়া, তিৰস্কৰনী, দ্ৰোণচাৰ্য, নগৰপ্ৰান্ত, প্ৰত্যুপকাৰ।

(যোৱা সংখ্যাত কোনেও আটাইকেইটা শব্দৰ শুদ্ধ ৰূপ জনাব নোৱাৰিলে। আশাকৰোঁ এই সংখ্যাত পাঠকে শুদ্ধ উত্তৰ লিখি আমালৈ প্ৰেৰণ কৰিব পাৰিব।)


পৃষ্ঠাঃ ৫০

নিয়মীয়া শিতানঃ

ৰেচিপি

বাটাৰ পনীৰ



উপকৰণ:

পনীৰ 12 পিছ
তেল ৩-৪ চামুচ
বিলাহী ৫ টা
পিয়াজ ৪ টা
ডালছেনি 1 টুকুৰা
তেজপাত এটা ডাঙৰ
ঈলাইছি 3টা
কাজু এমুঠি
বঁটাৰ ৪ চামুচ
আদা খুন্দা ডেৰ চামুচ
নহৰু খুন্দা আধা চামুচ
কেঁচা জলকীয়া ৩টা
শুকান জলকীয়া ১টা
ৰেড চিলি গুৰি এক চামুচ
গৰম মচলা একচামুচ
মেথিগুৰি এক চামুচ
চেনী এক চামুচ
ক্ৰীম একাপ


প্ৰণালী:

কেৰাহীত ডেৰ চামুচ তেল দি বিলাহী কাটি, পিয়াজ কাটি, ডালচেনী ১পিচ, তেজ পাত ১টা, ঈলাইছি ৩টা , কাজু এমুঠি, শুকান জলকীয়া এটা, কেঁচা জলকীয়া ১টা, আদা খুন্দা এক চামুচ দি ভাজি ললোঁ। তাৰপিছত তাতে ১বাটি পানী দি সিজিব দিলোঁ।

প্ৰায় 15 মিনিট সময়।

তাৰ পিছত সেই গোটেইখিনি উলিয়াই ঠাণ্ডা হ'ব দি মিক্সিত পিচি ল'লো মিহিকৈ।
তাৰপিছত কেৰাহীত আকৌ তেল এক ডেৰ চামুচ দি, বাটাৰ ৪-৫ চামুচ দি, আদা নহৰু খুন্দা এক চামুচ দিলোঁ। তাৰ পিছত তাতে এক চামুচ ৰেডচিলি পাওদাৰ দি হেতাৰে লৰাই মিক্সিত খুন্দাখিনি দি দিলোঁ। অলপ পানীও দিলোঁ।
তাৰপিছত 5 মিনিট লৰাই তাতে সোৱাদমতে নিমখ আৰু বইল কৰি থোৱা পনীৰ খিনি দি ১০মিনিট সিজিব দিলোঁ।
তাৰপিছত তাতে এক চামুচ গৰম মচলা, এক চামুচ মেথী গুৰি, এক চামুচ চেনী দিলোঁ।
তাৰপিছত এক কাপ ক্ৰীম দি নমাই থলো।

হিমাশ্ৰী কাশ্যপ
দাঁতালপাৰা, গুৱাহাটী



পৃষ্ঠাঃ ৫১

মডেল পৃষ্ঠাঃ

(মডেল পৃষ্ঠাৰ বাবে আপুনিও আমালৈ আপোনাৰ নাম, ঠিকনা লিখি ফটো প্ৰেৰণ কৰিব পাৰে। ফটোসমূহ 9678696861 নম্বৰত উপলব্ধ হোৱাটচএপলৈ প্ৰেৰণ কৰক। অহা সংখ্যাত প্ৰকাশৰ বাবে ফটো প্ৰেৰণৰ অন্তিম তাৰিখ 12 আগষ্ট 2020)


১। আকাংক্ষা খাউণ্ড (শিশু মডেল)




২। অমৰাংগনা হাজৰিকা (শিশু মডেল)




পৃষ্ঠাঃ ৫২

শেষ পৃষ্ঠাৰ কলমঃ

ডাকোৱাল জনে চিঠিখন ননা হ'ল

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন 
ভ্ৰাম্যঃ 6000709096

বৰ আগ্ৰহে বাট চাই থকা ডাকোৱাল জন আজি কালি পদুলিয়ে পদুলিয়ে কম কৈ ঘূৰে। তেখেতৰ চাইকেলৰ হেণ্ডেলত ওলমাই অনা মোনাটোত সোমাই অহা প্ৰিয় জনৰ বাৰ্তাবোৰো প্ৰায় নহাই হ'ল। কিন্তু এটা সময় আছিল ডাকোৱাল জনে পদুলিৰ মুখত টিলিঙা বজালেই ল'ৰি গৈছিল ডেকা, গাভৰু, ৰমণী, ভাইটি, ভণ্টি, খুড়ীদেউ, মাহীদেউ, মা অথবা দেউতা। নীলা, হালধীয়া, বগা আদি বিভিন্ন ৰঙৰ খামবোৰ বৰ আগ্ৰহেৰে হাত পাতি লৈছিল। কাৰোবাৰ হাতৰ মুঠিত লুকাই আহিছিল প্ৰিয়জনৰ হৃদয়খন, কাৰোবাৰ হাতত বিৰিণা বনৰ দৰে নাচিছিল আশা ভৰা চিঠিখন, কাৰোবাৰ সান্ত্বনা হৈ আহিছিল এখনি Inland latter Card, কাৰোবাৰ উশাহ হৈ আহিছিল এখনি post card। 
         অধিৰ আগ্ৰহেৰে বাট চাই থকা চিঠিখন হাতত পৰিলেই দুচকুত জিলিকি উঠিছিল দুটি সুখৰ মুকুতা। নিৰলে বহি পাৰ হৈছিল বহু স্বপ্নময় আবেলি অথবা সন্ধ্যা। নিশা উষ্ম বুকুৰ উম লৈছিল চিঠিখনে। পিছে আজি সেই বহু আকাংক্ষিত চিঠিখন হেৰাই গ'ল বিবৰ্তনশীলতাত। প্ৰেমাস্পদৰ প্ৰেমবোৰ বন্দী হ'ল যন্ত্ৰত।
           সময় গতিশীল। গতিশীলতাত সময়ে বহুত কথাই ভৰাই থৈ যায় স্মৃতিৰ কৰণিত। আজি প্ৰিয়জনৰ চিঠিখনো স্মৃতি হ'লো। স্মৃতি হ'ল চিঠি লিখা আৰু পঢ়াৰ আমেজ। হয়তো ভৱিষ্যত প্ৰজন্মই নেজানিবই চিঠি বুলিও কিবা এটা আছিল। যি সাক্ষী আছিল হৰ্ষ-বিষাদৰ বহু ক্ষণৰ। মনত আছে এসময়ত আমি বিস্ময়ৰ পত্ৰ বন্ধু শিতানৰ জৰিয়তে অসমৰ বিভিন্ন স্থানৰ লোকৰ লগত পত্ৰ বন্ধু পাতিছিলো। তেওঁলোকৰ লগত চিঠি আদান প্ৰদানৰ দ্বাৰা ভাৱ বিনিময় কৰিছিলো। ভাল লাগিছিল কাহানিও মুখ নেদেখা অচিনাকি লোকৰ লগত পত্ৰালাপ কৰি। তেওঁলোকৰ হবি, ইচ্ছা-অনিচ্ছা, আশা-আকাংক্ষাৰ সম্পৰ্কে জানি।
          বন্ধুৰ পৰা প্ৰিয় কিতাপখন বিচাৰি লিখা চিঠিখনৰ পৰা আৰম্ভ কৰি কাৰোবাৰ হাতত গোপনে গুজি দিয়া প্ৰেম নিবেদনলৈকে  সকলোবোৰ সোমাই আছিল চিঠিৰ কোমল ভাঁজত। এইখিনিতে চিঠিৰ লগত জড়িত মোৰ নিজৰ দুৱাষাৰ সাঙুৰি যাওঁ। মই তেতিয়া গুজৰাটত আছিলো ২০০৪  চনৰ ৮ জুলাইত C R P F ত ভৰ্তি হৈ Trainingৰ বাবে গৈছিলো তালৈ। সেই সময়ত গুজৰাটত ম'বাইলৰ বহুল প্ৰচাৰ আছিল যদিও মোৰ হাতত ম'বাইল নাছিল। কাৰণ নিজে এটা কিনি ঘৰতো এটা দিবলৈ মোৰ সামৰ্থ নাছিল। গতিকে সময় হ'লে P C O লৈ যাওঁ। ওচৰৰ ঘৰলৈ ফোন কৰি খবৰ খাতিৰ লওঁ। কিন্তু এইবোৰৰ মাজতো ঘৰলৈ বুলি চিঠি লিখা আমেজটো সুকীয়া আছিল।Training ৰ পৰা আহি আজৰি হৈ Inland latter card টো ওলিয়াই লৈছিলো চিঠি লিখিবলৈ। ঘৰলৈ চিঠি লিখাৰ উপৰিও বন্ধু-বান্ধৱীলৈও লিখি গৈছিলো নীলা চিঞাহীৰে অনেক কথা। এটা কথা বৰ আমোদজনক আছিল আমাৰ । কথাটো হ'ল যেতিয়া আমাক ফালিন (অৰ্থাৎ সকলোকে শাৰী পাতি থিয়কৰাই) নাম মাতি মাতি চিঠিবোৰ বিলাই দিয়া হৈছিল। যেতিয়া নিজৰ নামটো উচ্চাৰণ কৰে বৰ আগ্ৰহেৰে লৰি গৈছিলো চিঠিখন ল'বলৈ আৰু যদি সিদিনা নাম নেমাতে তেন্তে বৰ দুখ মনে উভটি আহিছিলো টেণ্টলৈ (টেণ্ট মানে আমি থকা টম্বু)। মোৰ হাতত পৰা চিঠিখন চকুৰ আগত দাঙি ধৰি বৰ আগ্ৰহেৰে পঢ়ি আবেগিক হৈ পৰিছিলো। এইয়া কেৱল মোৰ ক্ষেত্ৰতে হোৱা নাছিল আমাৰ লগৰ প্ৰত্যেকৰে ক্ষেত্ৰত হৈছিল। আজিৰ দিনত সেই আমেজ নোহোৱা হ'ল। ঘৰৰ খবৰ জানিবলে ৰব লগা নহয় পোন্ধৰ বিছ দিন। এতিয়া আঙুলিৰ টিপত মূহুৰ্ততে খবৰ দিব বা ল'ব পাৰি।
আগতেই কৈছো সময় পৰিবৰ্তনশীল। পৰিবৰ্তনশীল সময়ৰ লগত জীৱনশৈলিৰো পৰিবৰ্তন হোৱাটো স্বাভাৱিক। সেয়ে চাগে চিঠিবোৰে এটি নিদিষ্ট নাম লৈ আলোচনী বা পেপাৰতে আৱদ্ধ হৈ পৰিছে। প্ৰিয় জনলৈ চিঠিলিখা পদ্ধতি আমাৰ মাজৰ পৰা হেৰাই গৈছে। কিন্তু আমি ইচ্ছা কৰিলে চিঠিখনক জীয়াই ৰাখিব পাৰোঁ। ম'বাইল, লেপ‌্টপ‌্ আদিত আমি আপোন জনলৈ চিঠি লিখিব পাৰোঁ। এটা মেছেজত কৈ চিঠিৰ মহত্ত্ব অধিক। নম্ৰভাষাৰে লিখা চিঠি এখনে কঠিন কামো সহজ কৰি তুলিব পাৰে। গতিকে আহক চোন সময়ৰ গতিশীলতাৰ মাজতো আমি আমাৰ আপোন চিঠিখনক জীয়াই ৰাখোঁ।



পৃষ্ঠাঃ ৫৩


মতামতৰ বিষয়ঃ

আগন্তুক সংখ্যাৰ বাবে মতামত  শিতানৰ প্ৰশ্ন

 কাকত বা আলোচনীত লেখা প্ৰকাশৰ ক্ষেত্ৰত সম্পাদক জনে কেনে ধৰণৰ নীতি গ্ৰহণ কৰা উচিত বুলি আপুনি ভাবে ?

উক্ত প্ৰশ্নটোৰ উত্তৰ চমুকৈ লিখি আমালৈ প্ৰেৰণ কৰক।

উল্লেখ্য যে মতামত শিতানৰ উত্তৰ দিওঁতা শ্ৰেষ্ঠজনক পুৰস্কৃত কৰা হ'ব।

মতামত প্ৰেৰণৰ বাবে প্ৰয়োজনীয় হোৱাটচএপ নম্বৰঃ 6000709096

Email: ankuran2014@gmail.com



পৃষ্ঠাঃ ৫৪


ঘোষণাঃ

লেখা আহ্বান


লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ অপ্ৰকাশিত হোৱাটো বাঞ্চনীয়।

২) লেখকৰ সম্পূৰ্ণ নাম,ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠাব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 আগষ্ট, 2020

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হাততো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।


স্পষ্টিকৰণ

যোৱা সংখ্যাৰ শিশু মডেল মৌকুঁহি গগৈৰ নামটি ভুল বশতঃ মৌচুমি গগৈ হৈ থাকিল। আমি মডেল গৰাকীৰ অভিভাবকৰ ওচৰত ক্ষমা প্ৰাৰ্থী।


পৃষ্ঠাঃ ৫৫

বেটুপাত ৩ঃ

অংকুৰণ প্ৰকাশনৰ পৰা শীঘ্ৰে প্ৰকাশ পাব
নৱতম উপন্যাস
অনুসূয়া



কি হ'ব পাৰে?
যেতিয়া আপোনজনেই বৈৰী হয়!
আপোনজনৰ বিশ্বাসঘাটকতা যেতিয়া সন্মুখলৈ আহে, তেতিয়া কি কৰা উচিত?
বিশ্বাস আৰু ভালপোৱাই কিমান সাহস যোগাব পাৰে?
জন্ম‌ই মানুহ গঢ়ে নে পালন পোষণে গঢ়ে?
সমাজৰ নিয়ম নাৰীৰ মৰ্যদা অক্ষুন্ন ৰাখিবলৈ সম্পূৰ্ণ সক্ষম নে?
এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ জানিবলৈ পঢ়ক ৰশ্মিৰেখা বৰাৰ দ্বাৰা ৰচিত হৃদয়স্পৰ্শী কাহিনী আৰু জীৱনৰ বহুতো বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত ৰচিত উপন্যাস অনুসূয়া

আপোনাৰ কপীটোৰ বাবে আজিয়েই 8638310699 নম্বৰত যোগাযোগ কৰক।


পৃষ্ঠাঃ ৫৬

বেটুপাত ৪ঃ


Post a Comment

0 Comments