অঙ্গন (দ্বিতীয় বছৰ ১১ নং সংখ্যা)



পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 অক্টোৱৰ, 2021.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

পৃষ্ঠাঃ ৩
নীলা খামৰ চিঠি লিখা প্ৰতিযোগিতা

শ্ৰদ্ধাভাজন সাহিত্য প্ৰেমি ৰাইজ, জয় জয়তে অঙ্গনৰ পৰিয়ালৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বিগত সময়ত অঙ্গন আলোচনীৰ উদ্যোগত আয়োজন কৰা প্ৰতিযোগিতা সমূহৰ দৰে এইবাৰো আমি পুনৰ এটি প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লৈছোঁ। এইবাৰ অঙ্গনৰ পৰিয়ালৰ সিদ্ধান্তৰ মৰ্মে  আয়োজন কৰিবলৈ লোৱা প্ৰতিযোগিতাৰ বিষয় হ'ল "নীলাখামৰ চিঠি"। এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা প্ৰতিযোগী সকলক উল্লেখিত হোৱাটচ্‌ এপ নম্বৰত তেওঁলোকৰ চিঠি সমূহ নিৰ্দ্ধাৰিত সময়ত জমা দিবলৈ অনুৰোধ জনালোঁ।


প্ৰতিযোগিতাৰ নিয়মাৱলীঃ

১/ নীলাখামৰ চিঠিখন সুন্দৰ ভাৱে অসমীয়াত টাইপ কৰি  9127564124 নম্বৰত  10 নবেম্বৰৰ ভিতৰত পঠিয়াব লাগিব।

২/ নিদিষ্ট তাৰিখৰকৈ পিছত প্ৰেৰণ কৰা চিঠি সমূহ প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা নহ'ব।

৩/ চিঠিসমূহত বানান শুদ্ধ হোৱাটো বাঞ্ছণীয়। প্ৰতিযোগিতালৈ পঠিওৱা চিঠি সমূহ কোনো কাৰণতে বিভাগীয় কৰ্তৃপক্ষই সম্পাদনা নকৰে।

৪/ চিঠি সমূহত 40% viewers আৰু 60% বিচাৰকৰ নম্বৰৰ ভিত্তিত বিচাৰ কৰা হ'ব।

৫/ আমি 11 নবেম্বৰত  চিঠি সমূহ পেজত আপলড কৰিম। ইয়াৰ পিছতেই প্ৰতিযোগী সকলে বিভিন্ন শিতানত চেয়াৰ কৰিব পাৰিব।

৬/ নিৰ্বাচিত তিনিজনলৈ মানপত্ৰ প্ৰেৰণ কৰা হ'ব।

৭/ নিৰ্বাচনৰ ক্ষেত্ৰত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত হ'ব।


পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-৯
ধাৰাবাহিক : পৃষ্ঠা ১০
অণুগল্প : পৃষ্ঠা ১১-১২
এক মিনিটৰ গল্প : পৃষ্ঠা ১৩
অনুবাদ কবিতা : পৃষ্ঠা ১৪-১৬
কবিতা : পৃষ্ঠা ১৭-২৮
স্বাস্থ্য বিশেষ : পৃষ্ঠা ২৯
ভ্ৰমণ কাহিনী : পৃষ্ঠা ৩০
নীলা খামৰ চিঠি : পৃষ্ঠা ৩১-৩২
অনুভৱ : পৃষ্ঠা ৩৩
শিশু বিশেষ : পৃষ্ঠা ৩৪
গল্প : পৃষ্ঠা ৩৫-৩৮
গ্ৰন্থ পৰ্যালোচনা পৃষ্ঠা ৩৯
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪০

পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
ৰশ্মিতা দেৱী
মৰিগাঁও।

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।

পৃষ্ঠা ৬
সম্পাদকীয়ঃ

দিপাৱলীৰ চিন্তা

আগন্তুক ৪ নৱেম্বৰ তাৰিখে এইবাৰ সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো সকলোৱে পোহৰৰ উৎসৱ পালন কৰিব। অতীজৰে পৰা চলি অহা এই প্ৰথাই মানুহৰ মাজত ভাতৃত্ববোধ, একতা আৰু ৰং-আনন্দৰ জন্ম দিয়ে। হিন্দু পৌৰাণিক তথ্যমতে ভগৱান শ্ৰীৰামচন্দ্ৰই এই দিনটোতেই ১৪ বছৰীয়া বনবাস সম্পূৰ্ণ কৰি অযোধ্যালৈ উভতি আহিছিল আৰু তেওঁক স্বাগতম জনোৱাৰ উদ্দেশ্যেৰেই এইদৰে পোহৰৰ উৎসৱ দিপাৱলীৰ আয়োজন কৰা হৈছিল। শ্ৰীৰামচন্দ্ৰই ইতিমধ্যে ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিছিল বাবে দীপাৱলী উৎসৱে হিন্দু সমাজত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

আদিতে এই উৎসৱত মানুহে মাটিৰ চাকি ব্যৱহাৰ কৰিছিল, ঘৰৰ পদূলিমুখত কলপুলি ৰোপণ কৰি চাকি জ্বলাই ঈশ্বৰলৈ সেৱা জনাইছিল। কিন্তু সময় যোৱাৰ লগে লগে এই উৎসৱতো বহিৰাগত ব্যৱসায়ীসকলৰ চকু পৰিল। এই উৎসৱক কেন্দ্ৰ কৰি বৈদ্যুতিক লাইট, ফট্কা, ফুলজাৰি, কলগছ সদৃশ বোমা আদিৰে বজাৰ ভৰি পৰিল। একেদৰেই জনসাধাৰণৰ মাজতো আৰম্ভ হল এক অঘোষিত প্ৰতিযোগিতাৰ। কোনে কিমান টকাৰ ফট্কা ফুটালে, কিমান টকীয়া লাইট জ্বলালে ইত্যাদি ইত্যাদি। এইদৰে কম সময়তে অধিক লাভান্বিত হৈ পৰিল বহিৰাগত ব্যৱসায়ীসকল আৰু আমাৰ একাংশ ৰাইজে এই উৎসৱৰ তাৎপৰ্য, ঈশ্বৰৰ প্ৰতি থাকিবলগীয়া ভক্তিভাৱ বিসৰ্জন দি লাইট জ্বলোৱা, ফট্কা ফুটোৱা আৰু চিঞৰ বাখৰ কৰাকে দীপাৱলী বুলি ভাবিবলৈ ধৰিলে। প্ৰায়সংখ্যক নৱপ্ৰজন্মই আজিৰ তাৰিখত দিপাৱলী মানে ইয়াকে বুজে।

দীপাৱলীৰ প্ৰকৃত অৰ্থ হৈছে বেয়াৰ বিৰূদ্ধে ভালৰ বিজয়, আন্ধাৰৰ পৰিৱৰ্তে পোহৰৰ জয়। ধৰ্মীয় বিশ্বাসমতে আমাৰ চাৰিওফালে থকা বেয়াবোৰ (আন্ধাৰবোৰ) আঁতৰাই এই দিনটোতে ভালবোৰ (পোহৰ) সঞ্চাৰ কৰা হয়, অনাগত দিনত এই উৎসৱৰ বাবেই আমাৰ জীৱনলৈ উভতি আহে সুখ আৰু শান্তি। প্ৰতীকী হিচাপে আমি ৰাৱণৰ (বেয়া) মৃত্যু আৰু শ্ৰীৰামচন্দ্ৰৰ (ভাল) বিজয়ৰ কথাটো উল্লেখ কৰিব পাৰোঁ।
আমি ইতিমধ্যে জ্ঞাত যে প্ৰদূষণে কিদৰে ব্যক্তিৰ দৈনন্দিন জীৱনত কু-প্ৰভাৱ পেলাবলৈ ধৰিছে। সময়ত নহা বৰষুণজাকৰ বাবেও অসমৰ দৰে ৰাজ্যখনত লাখ লাখ লোকে খেতিপথাৰৰ উৎপাদন নাপাই পেটত গামোছা বান্ধিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে আমি আশা কৰিম, আগন্তুক দীপাৱলী উৎসৱত যাতে আমি প্ৰদূষণৰ দিশটোৰ প্ৰতিও সমানেই দায়িত্বশীল হওঁ।

উৎসৱে আমাৰ মাজৰ ভাতৃত্ববোধ জীয়াই ৰাখে। গতিকে এই উৎসৱ আমি পালন কৰিবই লাগিব। কেৱল সকলোলৈকে এটাই অনুৰোধ- আহকচোন, আবেগৰ ঢৌত উটি নগৈ এই উৎসৱ নিজৰ লগতে দেশৰ জনসাধাৰণৰ মঙ্গলৰ হকে পালন কৰোঁ।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন।
ভ্ৰাম্যভাষঃ 9678696861

পৃষ্ঠা ৭
প্ৰৱন্ধঃ

অসমীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰত
আহোম সম্প্ৰদায়ৰ ভূমিকা

প্ৰণৱ ফুকন, নতুন দিল্লী

পৰবৰ্তী স্বৰ্গদেউসকলেও এই নীতিকে গ্ৰহণ কৰাৰ ফলত আহোম ৰাজতন্ত্ৰ আৰু অসমীয়া ভাষা সকলোৰে বাবে গ্ৰহণযোগ্য হৈ পৰে ৷ আৰ্য্যসকলৰ আগমণৰ ফলত এই ভাষাত সংস্কৃত মূলৰ বহু শব্দও সোমাই পৰে ৷ জনসাধাৰণৰ মাজত প্ৰচলিত এটা ভাষা গ্ৰহণ কৰাৰ ফলত তাত সকলো জনগোষ্ঠীৰে কিছু-কিছু শব্দ সোমাই পৰে; বিশেষকৈ টাই শব্দৰ সমাহাৰৰ ফলত যি ভাষা উদ্ভৱ হয়, সেই ভাষাই পাছলৈ গড়গঞা অসমীয়া নাম পায় ৷ 

উপক্ৰমণিকা: প্ৰথম আহোম স্বৰ্গদেউ চ্যুকাফাই ১২২৮ খ্ৰীষ্টাব্দত কামৰূপৰ সৌমাৰপীঠত ভৰি দিয়াৰ সময়ত অসম বুলি কোনো ৰাজ্য নাছিল আৰু অসমীয়া বুলি কোনো ভাষাৰ উল্লেখ ক’তো পোৱা নাযায় ৷ ব্ৰাহ্মী লিপিৰ পৰা এক নতুন লিপি সৃষ্টি হৈছিল, যাৰ প্ৰমাণ ১২০৬ খ্ৰীষ্টাব্দত খোদিত উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলৰ শিলালিপিত পোৱা যায় ৷ যদিও লিপি সুকীয়া আছিল, তথাপি এই শিলালিপিৰ ভাষা আছিল সংস্কৃত ৷ এই লিপিকে বৰ্তমানৰ অসমীয়া লিপিৰ অৰম্ভণি বুলি ধৰা হয়; কিন্তু ভাষাৰ ক্ষেত্ৰত তেতিয়াও অসমীয়া ভাষা ব্যৱহাৰ হোৱা নাছিল ৷ হয়তো কথিত ৰূপত প্ৰাচীন অসমীয়া ভাষা জনগণে ব্যৱহাৰ কৰিবলৈ লৈছিল; কিন্তু লিখিত ভাষা হিচাপে সংস্কৃতৰ বাহিৰে আন কোনো ভাষাৰ প্ৰয়োগ পৰিলক্ষিত হোৱা নাছিল বা তাৰ কোনো প্ৰমাণ অদ্যপৰিমিত পোৱা যোৱা নাই ৷ গতিকে প্ৰশ্ন আহে কামৰূপত কথিত ভাষা হিচাপে কি ভাষাই প্ৰজাৰ মাজত স্বীকৃতি পাইছিল ? এই প্ৰশ্নৰ উত্তৰ দিয়া অতি দুৰূহ, কিয়নো সেই যুগৰ কামৰূপ আছিল বিভিন্ন জনগোষ্ঠীৰ সমষ্টি মাত্ৰ ৷ বৰ্তমানৰ অসমৰ পশ্চিম খণ্ডত থকা কামৰূপেই মূল ৰাজ্য আছিল আৰু বৰ্তমানৰ গুৱাহাটীৰ ঠাইত সৃষ্টি হোৱা প্ৰাগজ্যোতিষপুৰেই প্ৰধান নগৰ আছিল ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শোণিতপুৰ নগৰেও যথেষ্ট প্ৰসিদ্ধি লাভ কৰিছিল ৷
চ্যুকাফাৰ আগমণ: প্ৰথম আহোম স্বৰ্গদেউ চ্যুকাফাই নিজ ঠাই বৰ্তমানৰ চীনদেশৰ য়ুনান ৰাজ্য এৰি নতুন ৰাজ্য পাতিবলৈ আনুমানিক ১২১৩ খ্ৰীষ্টাব্দত ন-শ লোকৰে সৈতে নৰাদেশৰ ফালে বাট বুলিলে ৷ তাত কিছু বছৰ থাকি নৰা ৰাজ্যৰ পৰা স্বৰ্গদেউ চ্যুকাফাই সৌমাৰ যাত্ৰা আৰম্ভ কৰে ৷ সেই সময়তো বহুতো লোকে (৺হিতেশ্বৰ বৰবৰুৱাৰ মতে সাত শ একুৰি মানুহে) তেওঁৰ লগ ল’লে ৷ নৰাৰজাই কৰা চোমদেওৰ পূজা দেখি সেই চোমদেৱো হাত কৰিলে ৷ তাৰ পৰা "চম্পা সৰোবৰ" আৰু পাছত খামটি আৰু তাৰ পাছত খাম্‌জাঙ্গ পালেহি ৷ বৰগোহাঁইৰ ডেকা কাংখংমঙ্গক তাতে খামজঙ্গীয়া গোঁহাই পাতি কিছু বিশ্বাসী মানুহৰ সৈতে থ’লে ৷ তাৰ পৰা পাটকাই পৰ্বত অভিমুখী হ’ল ৷ বাটত বিভিন্ন জনগোষ্ঠীৰ যি মানুহেই লগ ল’ব বিচাৰিলে, তেওঁলোককো লগত লৈ  নগা জনজাতিসকলক অৱদমিত কৰিবলৈ আগবাঢ়িল; কিছু গাওঁৰ লোকে আপোনা- আপুনি সেও মানিলে; যিবোৰ গাঁৱে বশ্যতা স্বীকাৰ নকৰিলে, সেইবোৰ ধ্বংস কৰিলে; তাৰ মানুহ মাৰি ৰান্ধি সেই নগাসকলৰে অঙহীবঙহীক খুৱালে ৷ এনে অমানুষিকতা দেখি সকলো বশ হ’ল ৷ ইয়াৰ পৰা তেওঁ পাটকাই পৰ্বত পাৰ হৈ নামৰূপ আৰু টিপাম পালেহি ৷ এই ভাষ্যৰ পৰা দেখা যায় যে সৌমাৰত প্ৰৱেশ কৰাৰ আগতেই নিজৰ লগত সকলোকে সাঙুৰি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷
স্বৰ্গদেউ চ্যুকাফাই সৌমাৰত প্ৰৱেশ কৰাৰ সময়ত ইয়াত মূলত চাৰিটা জনগোষ্ঠী বাস কৰিছিল- মৰাণ, বৰাহী, চুতীয়া আৰু কছাৰী ৷ ইয়াৰে মৰাণসকলৰ বাসভূমি সম্পুৰ্ণ হাবিতলীয়া আছিল আৰু তেওঁলোক এক কঠিন পৰিবেশত প্ৰকৃতিৰ সৈতে একাত্ম হৈ বাস কৰিছিল ৷ ফলত মৰাণসকল শাৰীৰিক ভাৱে সবল হয় আৰু শাৰীৰিক কাম কৰাত পাৰ্গত হয় ৷ বৰাহীসকলৰ বাসভূমি প্ৰধানতঃ সমতল ভূমি আছিল ৷ এই দুয়ো জনগোষ্ঠীয়ে নিজ-নিজ ৰাজ্য স্থাপন কৰি শান্তিপুৰ্ণ সহ-অৱস্থান কৰিছিল ৷ তেওঁলোকৰ নিজৰ-নিজৰ ভাষা বা দোৱান আছিল ৷ এই অঞ্চলৰ পশ্চিম দিশত গঢ় লৈ উঠিছিল শক্তিশালী কছাৰী ৰাজ্য ৷ বৃহৎ কছাৰী জাতিৰ এই ঠালটোক ডিমাচা বা নদীৰ সন্তান বোলা হয়, কাৰণ তেওঁলোকে বিশাল ব্ৰহ্মপুত্ৰ নদী এখন বাঁহৰ দলেঙেৰে পাৰ হৈ দক্ষিণ পাৰ পাইছিলহি ৷ একেবাৰে উত্তৰ-পূবত ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰি নদীৰ মধ্যবৰ্তী অঞ্চলত আছিল চুতীয়া ৰাজ্য ৷
অসমীয়া জাতি আৰু ভাষাৰ বীজ: চ্যুকাফা সৌমাৰলৈ অহাৰ পাছতো সমন্বয়ৰ প্ৰক্ৰিয়া অব্যাহত থাকিল; চ্যুকাফাই নিজেও এগৰাকী মৰাণ আৰু এগৰাকী বৰাহী কুঁৱৰীৰ পাণি গ্ৰহণ কৰিলে ৷ অৱশ্যে বৰাহী ৰাজ্য চতুৰ্দশ শতিকাৰ শেষ ভাগ নতু পঞ্চদশ শতিকাৰ প্ৰথম ভাগলৈকে স্বাধীন হৈয়েই থকাৰ প্ৰমাণ পোৱা যায়; চতুৰ্দশ শতিকাৰ শেষৰ ফালে বৰাহী ৰজ্য মহাম্যণিক্যৰ পৃষ্ঠপোষকতাত অপ্ৰমাদী কবি মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰে ৷ এই কথাই আৰু এটা কথা প্ৰমাণ কৰে যে সেই সময়লৈ অসমীয়া ভাষাই ঠন ধৰি উঠিছিল আৰু সাহিত্য-সম্ভাৰ সৃষ্টিৰ উপযোগী হৈ পৰিছিল ৷ ইয়াৰ পাছতো ১৫২৩ খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্য জয়ৰ ফলত বহুতো চুতীয়ালোকক আনি আহোম ৰাজ্যৰ বিভিন্ন ঠাইত স্থাপন কৰা হয়; ক্ৰমাৎ এই লোকসকলো আহোম জনগোষ্ঠীৰ অভিন্ন অঙ্গ হৈ পৰে ৷ সভ্যতাৰ দিশৰ পৰা বহু উন্নত চুতীয়াসকল বিভিন্ন চাৰুকলা আৰু ভাস্কৰ্য্যকলাত নিপুণ আছিল ৷ চুতীয়াসকলৰ মাজত প্ৰচলিত ভাষাই  অসমীয়া ভাষাৰ জননী বুলিব পাৰি ৷ W. B. Brown-ৰ মতে ‘The Chutiya language “may fairly claim to be the original language of Upper Assam.” এই ভাষাৰ লিপিও গঢ় লৈ উঠিছিল আৰু ১২০৬ খ্ৰীষ্টাব্দৰ উত্তৰ গুৱাহাটীৰ কানাই বৰশি বোৱা শিলালিপিৰ ভাষা যদিও সংস্কৃত, লিপি আছিল অসমীয়া। ত্ৰয়োদশ শতিকাত আহোমসকলৰ আগমনৰ পাছত ৰাজ্যৰ প্ৰজাৰ লগত একাত্ম হোৱাৰ বাহন স্বৰূপে এই ভাষাকে গ্ৰহণ কৰা হয়, কিয়নো কেৱল এই ভাষাৰহে স্বকীয় লিপি আছিল ৷ এই ভাষাত টাই-আহোম শব্দৰ সংমিশ্ৰণত অসমীয়া ভাষাই গঢ় লৈ উঠে ৷
অসম আৰু অসমীয়া নামৰ উৎপত্তি: এটা প্ৰশ্ন মনলৈ আহে- আহোম ৰাজ্যৰ নাম কেনেকৈ অসম হ’লগৈ আৰু ইয়াৰ বাসিন্দাসকল তথা তেওঁলোকৰ ভাষাৰ নাম অসমীয়া হ’ল ? ৺উমা নাথ গোঁহাই ডাঙৰীয়াৰ মতে: "The Ahoms called themselves Tai (celestial origin) which is the name by which the Shans still designate themselves and they called the country now known as Assam, 'Mung-dun-sun- kham' which means 'Country full of golden gardens'. As they invaded the country, and became the dominant power, the Aryan and semi-Aryan inhabitants began to apply the Sanskrit term "Asama" meaning "peerless or unequalled" to them and also to the country conquered and ruled by them. The sibilant "S" was gradually softened into aspirate "h" in the name of the Shan invaders while it was retained in the name of the country. In course of time the term "Aham" became "Ahom" and the term "Asama" became "Asam" of which "Assam" is only the Anglicised form." এইদৰে অসম নামৰ উৎপত্তি হোৱাৰ পাছত ইয়াৰ জন-গণ আৰু তেওঁলোকৰ ভাষাৰ নাম স্বভাৱিকতে অসমীয়া হৈ পৰিছিল ৷
অসমীয়া জাতি আৰু ভাষাৰ সৃষ্টিত আহোম স্বৰ্গদেউসকলৰ ভূমিকা: কোনো কোনো বুৰঞ্জীবিদৰ মতে চ্যুকাফাই ৰাজ্য স্থাপন কৰাৰ পাছত প্ৰজাসকলৰ মাজত ঘূৰি ফুৰি তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, ভাষা-সংস্কৃতিৰ বুজ ল’বলৈ চেষ্টা কৰিছিল ৷ ফলত তেওঁ স্থানীয় লোকৰ লগত একাত্ম হৈ ৰাজ্য গঠনৰ কাম সুচাৰুৰূপে চলাই যাব পৰা হয় ৷ স্থানীয় ৰাইজেও চ্যুকাফাক নিজৰ বুলি গ্ৰহণ কৰে; গতিকে সকলো এটা বৃহৎ জাতিত পৰিণত হোৱাৰ বাট মুকলি হ’ল ৷ কালক্ৰমত এই জাতিৰ নাম কেনেকৈ অসমীয়া হ’লগৈ, সেই কথা আমি আগতেই উনুকিয়াইছোঁ ৷ জাতি গঠনৰ মহান প্ৰক্ৰিয়াৰ প্ৰধান হোতা হিচাপে আমি চ্যুকাফাক প্ৰথম অসমীয়া বুলিব পাৰোঁ ৷ পৰবৰ্তী স্বৰ্গদেউসকলেও এই নীতিকে গ্ৰহণ কৰাৰ ফলত আহোম ৰাজতন্ত্ৰ আৰু অসমীয়া ভাষা সকলোৰে বাবে গ্ৰহণযোগ্য হৈ পৰে ৷ আৰ্য্যসকলৰ আগমণৰ ফলত এই ভাষাত সংস্কৃত মূলৰ বহু শব্দও সোমাই পৰে ৷ জনসাধাৰণৰ মাজত প্ৰচলিত এটা ভাষা গ্ৰহণ কৰাৰ ফলত তাত সকলো জনগোষ্ঠীৰে কিছু-কিছু শব্দ সোমাই পৰে; বিশেষকৈ টাই শব্দৰ সমাহাৰৰ ফলত যি ভাষা উদ্ভৱ হয়, সেই ভাষাই পাছলৈ গড়গঞা অসমীয়া নাম পায় ৷ সকলোৰে গ্ৰহণযোগ্য ভাষাৰ সৃষ্টিৰ ফলত ক্ৰমাৎ বিভিন্ন জনগোষ্ঠীৰ নিজা ভাষা বা দোৱানবোৰ, এনেকি টাই মূলৰ ভাষা জনা মানুহো আঙুলিৰ মূৰত লেখিব পৰা হয় ৷
এই বৰ্ণনাৰ পৰা এটা কথা স্পষ্ট হয় যে অসমীয়া ভাষাৰ বিকাশত টাই-আহোমসকলৰ অপৰিসীম বৰঙণি আছে ৷ কিন্তু আমাৰ বিচাৰ্য্য বিষয় হ’ল এই ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ ৷
আহোম ৰাজ্যৰ বিস্তাৰ আৰু অসমীয়া ভাষাৰ প্ৰসাৰ: আহোম সম্প্ৰদায়ে সমন্বয়ৰ এনাজৰীৰে সকলোকে বান্ধি নিজ সম্প্ৰদায়ৰ অঙ্গ কৰি লোৱাত এক বৃহৎ সম্প্ৰদায়ৰ সৃষ্টি হ’ল যি সম্প্ৰদায় অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী ৰূপে পৰিগণিত হয় ৷ স্বাভাৱিকতে যিকোনো ৰাজ্য/ দেশৰ সৰ্ববৃহৎ সম্প্ৰদায়ৰ ভাষাই মুখ্য ভাষাৰ স্থান পায়; যিহেতু ইতিমধ্যে অসমীয়া আহোমসকলৰ মাতৃভাষা হৈ পৰিছিল, গতিকে এই ভাষাই আহোম ৰাজ্যৰ ভাষা ৰূপে স্বীকৃত হয় ৷ আহোম ৰাজ্যৰ বিস্তাৰৰ লগে লগে এই ভাষাৰো বিস্তাৰ হয় ৷ ইতিমধ্যে অসমীয়া ভাষাৰ বিভিন্ন লোকভাষা সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে বিয়পি পৰিছিল ৷ কিন্তু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আহোম ৰাজ্যৰ যি বিস্তাৰ হৈছিল, উত্তৰ পাৰত সেই বিস্তাৰ যথেষ্ট পলমকৈ হৈছিল ৷ পণ্ডিতসকলৰ মতে কিছু দূৰে-দূৰে কথিত ভাষা বা ভাষা কোৱাৰ ঠগ সলনি হয় ৷ গতিকে অসমীয়া লোকভাষাসমূহতো ভিন্নতা দেখা যায় ৷ আহোম ৰাজ্যত প্ৰচলিত ভাষাক গড়গঞা অসমীয়া বোলা হয় ৷ এই ভাষাৰ প্ৰভাৱ দক্ষিণ কূলত পূবৰ পৰা আৰম্ভ কৰি পশ্চিমে গুৱাহাটী আৰু উপকণ্ঠ অঞ্চললৈকে পৰিছিল ৷ উত্তৰ কূলত আহোম ৰাজ্য পূবে ব্ৰহ্মপুত্ৰৰ পৰা পশ্চিমে জীয়া ভৰলীলৈকে আছিল ৷ ইয়াৰ পশ্চিম ভূখণ্ডত ভূঞাসকলৰ প্ৰতিপত্তি আছিল ৷
কোচ ৰাজ্যৰ উথ্থান: ১৫১৫ খ্ৰীষ্টাব্দত অসমৰ পশ্চিম খণ্ডত এক নতুন শক্তিয়ে গা কৰি উঠে যেতিয়া বিশ্ব সিংহই সেই অঞ্চলৰ অন্যান্য জনজাতীয় নায়কসকলক পৰাস্ত কৰি কোচ ৰাজ্যৰ পাতনি মেলে ৷ যিহেতু কোচ-ৰাজবংশী লোক উত্তৰ বঙ্গতো বাস কৰিছিল, সেয়ে এই ৰাজ্য পশ্চিম দিশত অগ্ৰসৰিত হয় আৰু কোচবিহাৰত ৰাজধানী পতা হয় ৷ তেওঁৰ পুত্ৰ নৰনাৰায়ণৰ ৰাজত্ব কালত আন এক পুত্ৰ শুক্লধ্বজ ওৰফে চিলাৰায় ১৫৬৩ খ্ৰীষ্টাব্দত আহোম ৰাজ্য জয় কৰি কৰতলীয়া কৰে আৰু কোচ ৰাজ্যৰ পূব সীমা জীয়া ভৰলীলৈকে বিস্তাৰ কৰে ৷ ১৫৮১ খ্ৰীষ্টাব্দত নৰনাৰায়ণে কোচ ৰাজ্য দ্বিখণ্ডিত কৰি পশ্চিমে সোণকোষ নদীৰ পৰা পূবে জীয়া ভৰলীলৈকে ভূখণ্ডক কোচ-হাজো নাম দি চিলাৰাইৰ পুত্ৰ ৰঘুদেৱক শাসক পাতে ৷ গতিকে এই ভূখণ্ডত কোচসকলৰ প্ৰভাৱ বিদ্যমান হয় ৷ নৰনাৰায়ণৰ মৃত্যুৰ পাছত ১৫৮৪ খ্ৰীষ্টাব্দত ৰঘুদেৱে স্বাধীনতা ঘোষণা কৰে ৷ ১৬১২ খ্ৰীষ্টাব্দত মোগলে এই ৰাজ্য দখল কৰে ৷
দৰঙী ৰাজ্য আৰু দৰঙী লোকভাষা: ১৬১৫ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই জীয়া ভৰলীৰ পৰা বৰনদীলৈকে  মোগলৰ পৰা দখল কৰি দৰঙী নামৰ কৰতলীয়া ৰাজ্য স্থাপন কৰি কোচ ৰাজকোঁৱৰ বলিনাৰায়ণক ৰজা পাতি ধৰ্মনাৰায়ণ নাম দিয়ে ৷ ফলত এই অঞ্চলত গড়গঞা ভাষাৰ প্ৰভাৱ পৰিবলৈ ধৰে; এই লোকভাষাক দৰঙী লোকভাষা নামে জনা যায় ৷ মোমাই তামুলী বৰবৰুৱাই মোগলৰ লগত চুক্তি কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰ আলি আহোম -মোগলৰ সীমা নিৰ্ধাৰণ কৰে ৷ ফলত উত্তৰে বৰনদীৰ পৰা সোণকোষলৈ আৰু দক্ষিণে পাণ্ডু, জালুকবাৰীৰ পৰা পশ্চিম অঞ্চলত মোগলৰ আধিপত্য থাকি যায় ৷ সেয়ে এই সমস্ত ভূখণ্ডত গড়গঞা অসমীয়াৰ প্ৰভাৱ কিছু কম পৰে ৷
কামৰূপী লোকভাষা: বৰনদীৰ পৰা মানাহলৈকে ভূখণ্ড অবিভক্ত কামৰূপ জিলাৰ অংশ আছিল ৷ এই অঞ্চলত প্ৰচলিত কথিত ভাষাক কামৰূপী লোকভাষা নাম দিয়া হৈছে ৷ ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ ৰণ আৰু ১৬৮২ খ্ৰীষ্টাব্দৰ ইটাখুলী ৰণৰ পাছত বৰনদীৰ পৰা মানাহলৈকে, অৰ্থাৎ অবিভক্ত কামৰূপ জিলা আহোম ৰাজ্যৰ অন্তৰ্ভূক্ত হয় আৰু আহোম ৰাজ্যৰ নিয়ম ইয়াত প্ৰচলিত হয় ৷ ইতিমধ্যে মোগল শাসন ব্যৱস্থাত অভ্যস্ত এই অঞ্চলৰ লোকে কিন্তু আহোম শাসন ব্যৱস্থা আপোন কৰি ল’ব পৰা নাছিল, যাৰ ফলশ্ৰুতিত ১৭৯৮ খ্ৰীষ্টাব্দত দন্দুৱা দ্ৰোহৰ সৃষ্টি হয় ৷ যি কি নহওক, গড়গঞা অসমীয়াৰ প্ৰভাৱ অবধাৰিত ৰূপে এই অঞ্চলতো বিস্তাৰিত হয় ৷
গোৱালপৰীয়া লোকভাষা: মানাহৰ পৰা সোণকোষলৈ, অৰ্থাৎ অবিভক্ত গোৱালপাৰা জিলা কেতিয়াও আহোম ৰাজ্যৰ অন্তৰ্ভূক্ত নহ’ল; সেয়ে গোৱালপৰীয়া লোকভাষাৰ ওপৰত গড়গঞা অসমীয়াৰ প্ৰভাৱ কম দেখা যায় ৷ এই এলেকাত বিজনী আৰু চিদলী নামে দুখন কোচ ৰাজ্য আৰু মেচপাৰাকে ধৰি কিছু সংখ্যক জমিদাৰীয়ে গা কৰি উঠে ৷ অৱশ্যে ইয়াৰ ৰজা আৰু জমিদাৰসকলে মোগলৰ আদেশ মানি চলিব লগা হৈছিল; গতিকে এই ভূখণ্ডত মোগলৰ প্ৰভাৱ দেখা যায় ৷ তদুপৰি এই ৰাজ্যসমূহৰ ৰজাসকলে আৰু জমিদাৰসকলে সাধাৰণতে বহিৰাজ্যৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল ৷ গড়গঞা ভাষাৰ প্ৰভাৱ কম হোৱাৰ ইয়ো এক কাৰণ হ’ব পাৰে ৷
অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰসাৰত কোচ ৰাজ্যৰ অবদান: অৱশ্যে এই কথাও অনস্বীকাৰ্য যে অসমীয়া সাহিত্য- সংস্কৃতিৰ পিতৃপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য শ্ৰীশ্ৰীমাধৱদেৱৰ সৰহ সংখ্যক ৰচনাৰ সৃষ্টি হৈছিল কোচ ৰাজ্যতহে ৷ গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰাৰ আহোম স্বৰ্গদেউ বিৰোধী আছিল; ইয়াৰ কাৰণ হিচাপে দৰ্শোৱা হয় শাক্ত ব্ৰাহ্মণসকলৰ প্ৰৰোচনা ৷ আমাৰ বোধেৰে যিহেতু আহোম ৰাজ্যত পূব, পশ্চিম আৰু উত্তৰ দিশৰ পৰা সঘন আক্ৰমণ চলিছিল; সেয়ে পাইকসকল যুদ্ধলৈ যাবলৈ সাজু হৈ থাকিব লগা হৈছিল; ধৰ্মৰ প্ৰতি ঢাল খালে পাইকসকলে হিংসা- দ্বেষৰ পথ ত্যাগ কৰিব বুলি স্বৰ্গদেউ আৰু অন্যান্য বিষয়াসকলে সন্দেহ কৰিছিল, যাৰ ফলত গুৰুজনাৰ প্ৰতি এনে মনোভাৱ দেখুওৱা হয় ৷ সেয়ে শঙ্কৰদেৱে প্ৰথমে কোচ ৰাজ্যৰ অন্তৰ্গত বৰপেটাত পাটবাউসী সত্ৰ পাতি ধৰ্ম প্ৰচাৰ আৰু সাহিত্য-সংস্কৃতিৰ সৃষ্টি কৰি যায়; শেষ বয়সত তেওঁ কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰে আৰু কোচবিহাৰত থাকি ধৰ্ম, ভাষা, সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি যায় ৷ চিলাৰায়ে গুৰুজনাৰ শিষ্যত্ব গ্ৰহণ কৰাৰ উপৰিও গুৰুজনাৰ ভতিজাক ভুৱনেশ্বৰীক বিয়া কৰায় ৷ এইগৰাকী মহীয়সী নাৰীৰ তত্ত্বাৱধানতে বৃন্দাবনী বস্ত্ৰ বোৱা হৈছিল ৷ এই সকলো মিলি অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰসাৰত অভূতপূৰ্ব অৰিহণা যোগায় ৷
আহোম ৰাজসভাত অসমীয়া ভাষা: যদিও আহোম সম্প্ৰদায়ে অসমীয়া ভাষা নিজ মাতৃভাষা ৰূপে গ্ৰহণ কৰিছিল, তথাপি আহোম ৰাজসভাৰ সকলো নথি-পত্ৰ, বিৱৰণ বহুদিনলৈকে টাই ভাষাতে লেখা হৈছিল ৷ সপ্তদশ শতিকাৰ আৰম্ভনিতে অসমীয়া ভাষা আহোম ৰাজসভাৰ ভাষা হৈ পৰে ৷ ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ অতি চমকপ্ৰদ ৷ যিহেতু অসমৰ বহুলাংশ আহোম ৰাজ্যৰ অন্তৰ্ভূক্ত আছিল আৰু আহোম ৰাজ্যই অসমৰ মূল ৰাজ্য আছিল, গতিকে চুবুৰীয়া ৰাজ্যবোৰেও আহোম ৰাজ্যৰ লগত ৰাজকীয় আদান-প্ৰদানত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল ৷ ফলত আহোম ৰাজ্যৰ বাহিৰতো অসমীয়া ভাষাৰ প্ৰসাৰ হয় ৷ আহোম সম্প্ৰদায়ৰ, বিশেষকৈ ৰাজ-পৰিয়ালৰ এক এতিহ্য আছিল ইতিহাস লিপিবদ্ধকৰণ, যাক বুৰঞ্জী বোলা হৈছিল ৷ আহোম ৰাজ্যত বুৰঞ্জী ৰচনা আৰু সংৰক্ষণৰ বাবে এক বিশেষ বিভাগ সৃষ্টি কৰা হৈছিল আৰু গন্ধীয়া বৰুৱা তথা গন্ধীয়া ফুকনৰ তত্বাৱধানত বুৰঞ্জী লেখা হৈছিল আৰু গন্ধীয়া ভৰালত সংৰক্ষণ কৰা হৈছিল ৷ ৰাজকীয় পৃষ্ঠপোষকতাত লেখা এই বুৰঞ্জীসমূহ প্ৰায় চাৰি শতিকালৈকে টাই ভাষাতে বিৰচিত হৈছিল ৷ ব্যক্তিগতভাৱেও অনেকে বুৰঞ্জী লেখিছিল ৷ ১৫৯৪ খ্ৰীষ্টাব্দৰ পাছত লেখা আৰু হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা সম্পাদিত পুৰণি অসমীয়া বুৰঞ্জীয়েই প্ৰথম অসমীয়া ভাষাত লেখা ৰাজকীয় বুৰঞ্জী বুলি জনা যায় ৷ তৎপশ্চাত বাঁহগড়ীয়া আতন বুঢ়াগোঁহায়ে ১৬৭০ খ্ৰীষ্টাব্দৰ পুৰ্বে লেখা “স্বৰ্গ মহাৰাজৰ বংশ নিৰ্ণয়” আহোম ৰাজতন্ত্ৰৰ বিষয়ে সম্যক জ্ঞানপুষ্ট বুৰঞ্জী পুথি ৷ এইদৰে ৰাজঅনুগ্ৰহত অসমীয়া ভাষাত বুৰঞ্জী লেখাৰ ফলত ব্যক্তিগতভাৱে লেখা বুৰঞ্জীসমূহো অসমীয়াত লেখাৰ অনুপ্ৰেৰণাৰ উৎস হয়; এই ক্ষেত্ৰত বিশেষ উল্লেখযোগ্য নুমলী বৰগোঁহায়ে লেখা “চকৰিফেটী বুৰঞ্জী” ৷ কিন্তু পৰিতাপৰ কথা যে এই বুৰঞ্জীত সেই সময়ৰ অতি প্ৰতাপী বৰবৰুৱা কীৰ্তিচন্দ্ৰৰ বংশ পৰিচয়ৰ ওপৰত প্ৰশ্ন কৰাৰ বাবে বৰবৰুৱাই এই বুৰঞ্জীসহ আৰু অনেক বুৰঞ্জী পুথি অগ্নিদাহ কৰে ৷ যি কি নহওক, অসমীয়া ভাষাত বুৰঞ্জী লেখাৰ ফলত ই সৰ্বগ্ৰাহ্য হৈ পৰে, যি অসমীয়া ভাষাত  বুৰঞ্জীৰ উপৰিও অন্যান্য পুথি লেখাতো উদগনি স্বৰূপ হয় ৷
এইদৰে আহোম সম্প্ৰদায়ে অসমীয়া ভাষাক মাতৃভাষাৰূপে গ্ৰহণ কৰাত আৰু আহোম ৰাজ্যৰ বিস্তাৰ তথা আহোম ৰাজসভাৰ ভাষাৰূপে অসমীয়াক স্বীকৃতি দিয়াৰ ফলত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত আহোম সম্প্ৰদায় আৰু আহোম ৰাজ্যই অতুলনীয় অৰিহণা যোগালে ৷

গ্ৰন্থপঞ্জী:

১)A History of Assam : Sir E.A. Gait
২)অসমৰ সংক্ষিপ্ত ইতিহাস: ডঃ তচদ্দুক আমানুল হুছেইন
৩) Assam under the Ahoms: Late Uma Nath Gohain
৪) আহোমৰ দিন : ৺হিতেশ্বৰ বৰবৰুৱা।

পৃষ্ঠা ৮
শিক্ষক আৰু শিক্ষকতা
তাৎপৰ্য তথা বৰ্তমান প্ৰেক্ষাপটত কৰণীয়

প্ৰিয়ংকা চমুৱা

শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সু-সম্পৰ্ক এটা গঢ়ি নুঠিলে তেনে পাঠ দান বা পাঠ গ্ৰহণৰ পৰা সফলতা আশা কৰিব পৰা নাযায়। সমাজ গঢ়োতা বা ভৱিষ্যত স্ৰষ্টা হিচাবে গুৰুসকলে তাহানিৰ পৰাই অৱদান আগবঢ়াই আহিছে। সেইবাবে শিক্ষাগুৰুসকল যুগে যুগে বন্দনাৰ তুল্য আৰু আদৰণীয়।

"গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু ....."

শিক্ষাগুৰু সকল সদায়েই পূজনীয়। শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটো আমাৰ বাবে সদায় গুৰুত্বপূৰ্ণ। ১৯৬২চনৰ ৫ ছেপ্তেম্বৰ দিনটোৰ পৰা ভাৰতবৰ্ষৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি তথা দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, মহান আদৰ্শৱান শিক্ষক, বিদগ্ধ পণ্ডিত, দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণৰ ইচ্ছা অনুসৰিয়েই তেখেতেৰ জন্মদিনটো 'শিক্ষক দিৱস' হিচাবে দেশজুৰি উদযাপিত হৈ আহিছে। শিক্ষক দিৱসৰ গভীৰ তাৎপৰ্য আছে। এই দিৱসতে শিক্ষক সমাজক সন্মান জনোৱা হয়। শিক্ষকৰ দায়িত্ব অসীম তথা মহান। জুইশালত গঢ়ি কমাৰশালত গঢ় দিয়াৰ দৰে, খনিকৰে মাটিৰে প্ৰতিমা গঢ় দিয়াৰ দৰে শিক্ষকেও জ্ঞান আৰু প্ৰজ্ঞাৰে শিক্ষাৰ্থীক গঢ় দিয়ে। শিক্ষাই  প্ৰকৃতাৰ্থত মানুহক উপযুক্ত মানুহ ৰূপত গঢ় দিব  লাগে। যি শিক্ষাই মানুহক সকলোবোৰ সুকুমাৰ প্ৰবৃত্তিৰ সমন্বয় ঘটাই উন্নতি আৰু বিকাশ সাধন কৰিব পাৰে, সেয়েই প্ৰকৃত শিক্ষা।

“শিক্ষাগুৰু সকল জ্বলি থকা মমৰ দৰে

যিয়ে উত্তৰ পুৰুষৰ বাট পোহৰাই তুলিবলৈ

নিজকে বিলীন কৰি দিয়ে।”

শিক্ষকতাৰ বৃত্তিক আমি এক মহান বৃত্তি বুলি অভিহিত কৰোঁ। এই কথাষাৰৰ সফল ছবি এখন ড° ৰাধাকৃষ্ণণৰ জীৱন-দৰ্শনত দেখিবলৈ পোৱা যায়। আমি ৫ ছেপ্টেম্বৰ তাৰিখে তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ মূল তাৎপৰ্য হৈছে শিক্ষক আৰু ছাত্ৰৰ মাজত যি পবিত্ৰ সম্পৰ্ক তাক ফুটাই তোলাৰ লগতে শিক্ষকসকলৰ মহান ত্যাগৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সু-সম্পৰ্ক এটা গঢ়ি নুঠিলে তেনে পাঠ দান বা পাঠ গ্ৰহণৰ পৰা সফলতা আশা কৰিব পৰা নাযায়। সমাজ গঢ়োতা বা ভৱিষ্যত স্ৰষ্টা হিচাবে গুৰুসকলে তাহানিৰ পৰাই অৱদান আগবঢ়াই আহিছে। সেইবাবে শিক্ষাগুৰুসকল যুগে যুগে বন্দনাৰ তুল্য আৰু আদৰণীয়।

শিক্ষা জীৱনৰ গুৰু হৈছে শিক্ষক সকল। মই মোৰ ছাত্ৰজীৱনত পোৱা প্ৰতি গৰাকী শিক্ষাগুৰুলৈ এই চেগতে  মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। সেই শিক্ষাগুৰু সকলে শিক্ষাদানৰ লগতে আমাক পূৰ্ণাংগ ৰূপত গঢ় দিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। আমাৰ উৰুলিপুঙা মানসিকতাক সুশৃংখল আৰু পৰিপূৰ্ণ  কৰি তুলিবলৈ অহৰহ প্ৰচেষ্টা হাতত লৈছিল। তেখেতসকলৰ দৰে দয়াবান আৰু  মহান ব্যক্তিত্বৰ বাবেই আজিৰ সময়তো শিক্ষকতাৰ বৃত্তিৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা সদায়ে আছে। হয়তু বয়সৰ লগে লগে কিছু সংখ্যক শিক্ষা গুৰুৱে  আমাৰ কথা অলপ পাহৰিছে, কিন্তু কৰবাত লগপালেই নামটো কলে তেওঁলোকৰ উজ্জ্বলি উঠা মুখখনে আজিও আপ্লুত কৰে।

অৱশ্যে শৈক্ষিক বাতাবৰণৰ ক্ষেত্ৰত আমাৰ ৰাজ্য অসম আজি উন্নতি নহৈ যেন অধিক শোচনীয় হৈ পৰিছে। সাম্প্ৰতিক সময়ত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষানুষ্ঠান সমূহ সুনিপুন নীতিৰ অভাৱত অধোগামী হৈছে। ইয়াৰ উপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত উপযুক্ত অনুশাসন বৰ্তি নথকাৰ বাবে সঠিক বাতাবৰণৰ অভাৱ ঘটিছে। মহাবিদ্যালয় সমূহত  শিক্ষক সকলৰ উপস্থিতি নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থাৰে পাঞ্চিং মেচিনৰ ব্যৱস্থা  ল'ব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। এইবোৰে শিক্ষা ব্যৱস্থাৰ অসুস্থ অৱস্থাৰো উমান দিয়ে। বিশ্ববিদ্যালয় সমূহতো ঠিকাভিত্তিক শিক্ষকৰ অনিয়মীয়া নিযুক্তিয়ে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় স্তৰৰ পঢ়াশুনা, গৱেষণা আদিৰ পৰিবেশ কিমান উন্নত কৰিছে সেয়াও বিচাৰ্যৰ বিষয়। বহুসময়ত ৰাজনৈতিক হেঁচা, পৰিৱৰ্তনশীল শৈক্ষিক নীতিক লৈ হেতা-উপৰা, গৱেষণা আদিৰ নামত অনিশ্চয়তাৰ  খবৰে শিক্ষক আৰু শিক্ষাক লৈ অধিক  প্ৰশ্নৰো সূচনা  কৰিছে। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জ্ঞানদায়িনী ভাৰতবৰ্ষৰ সপোন যেন কৰবাত হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেইবাবে শিক্ষক দিৱসত এই বিষয়বোৰৰ বিশ্লেষণ তথা অনুধাৱনো সমাজৰ বাবে নিশ্চয়কৈ কৰণীয় হৈ পৰিছে।

ঠিকনাঃ
ঢকুৱাখনা, লখিমপুৰ,       
ডাক-যোগীসূতি,
পিন-৭৮৭০৫৫ 
ভ্ৰাম্যভাষ:৬০০১৪৮১৪০৮

পৃষ্ঠাঃ ৯
কাতি বিহুৰ তুলসী ভেটি

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও, ফোনঃ ৮০১১৮৫০১৭২

কাতি বিহুৰ প্ৰধান আকৰ্ষণ হৈছে তুলসী ভেটি। বিহুৰ দিনা চোতালৰ পূৱ দিশে মাটিৰ এটি ঢিপ সাজি তাত এটা তুলসী পুলি ৰোৱা হয়। নিজৰ ঘৰত তুলসী পুলি নাথাকিলে আনৰ ঘৰৰ পৰাই সবল পুলি এটা বিচাৰি আনি ৰোৱা হয়।

অসমীয়া সংস্কৃতিৰ জাতীয় উৎসৱ বিহু তিনিটাৰ প্ৰতিটোৱেই তাৎপৰ্যপূৰ্ণ। কাতি বিহুত ভঁৰাল খালী হৈ কঙাল হৈ পৰে। সেয়ে এই বিহু কঙালী বিহু বুলি কোৱা হয়। যদিও কঙালী তথাপিও কৃষিজীৱি লোকৰ বিহুৰ উচাহ কমি নাযায়। কিয়নো লʼৰা- বুঢ়া সকলোৱেই আধ্যাত্মিকতাৰে পালন কৰা এই বিহু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভাৱে সহায়ক।

অসমীয়া সংস্কৃতিত তুলসীৰ স্থান অতি গুৰুত্বপূৰ্ণ। শাস্ত্ৰ মতে তুলসী সতী, শংখচূড় ৰজাৰ পত্নী আৰু কুশধ্বজ ৰজাৰ জীয়েক আছিল।
পুৰাণৰ মতে তুলসী সৰ্ব পাপহাৰী। কাতি মাহত  এশ আঠ পাত তুলসী ৰঙা চন্দনৰ সৈতে বিষ্ণু দেৱতাৰ নামত অৰ্পণ কৰিলে পুণ্য অৰ্জন হয় বুলি বিশ্বাস আছে। অসমীয়া সমাজত তুলসী এবিধ অতি পবিত্ৰ বৃক্ষ। সেয়ে তুলসী পূজাই সকলো ধৰ্মৰ ফল লাভ কৰিব পাৰি। তুলসীৰ ঘ্ৰাণ লৈ যাত্ৰা কৰিলে যাত্ৰা শুভ হয় বুলি বিশ্বাস প্ৰচলিত আছে। প্ৰতিদিনে  পুৱা তুলসী গছৰ গুৰিত পানী ঢলা আৰু সন্ধিয়া চাকি জ্বলালে আপায় অমংগল দূৰ হয় বুলি কোৱা হয়। প্ৰচলিত আছে তুলসী দৰ্শনে পূণ্য আৰু স্পৰ্শত পাপ নাশ হয়।

আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি তুলসী অনেক গুণৰ অধিকাৰী। তুলসীয়ে চৌপাশৰ বায়ুমণ্ডল বিশুদ্ধ কৰি ৰাখে। তুলসীৰ পাতৰ ৰস কাহ-চৰ্দীৰ মহৌষধ, বেক্টেৰিয়া নাশক।

কাতি বিহুৰ প্ৰধান আকৰ্ষণ হৈছে তুলসী ভেটি। বিহুৰ দিনা চোতালৰ পূৱ দিশে মাটিৰ এটি ঢিপ সাজি তাত এটা তুলসী পুলি ৰোৱা হয়। নিজৰ ঘৰত তুলসী পুলি নাথাকিলে আনৰ ঘৰৰ পৰাই সবল পুলি এটা বিচাৰি আনি ৰোৱা হয়।তোমালোকেও চাগে এনে কৰা নহয়নে ? তুলসী পুলি ৰোৱা ভেটিটো পানীৰে মচি ধুনীয়া কৰা হয়। কোনোৱে চাৰিওফালে কলপুলি ৰুই, ফুলৰ মালা আৰু ফুলৰ পাহিৰে সজায়। তুলসী ভেটিত আল্পনা আঁকাও দেখা যায়। আগতে ইঘৰ সিঘৰৰ ল'ৰা ছোৱালীৰ মাজত তুলসী ভেটিৰ অঘোষিত প্ৰতিযোগিতাও চলে। আজিকালি তুলসী ভেটিৰ প্ৰতিযোগিতা জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়তো অনুষ্ঠিত কৰা দেখা যায়।
  
সন্ধিয়া তুলসী ভেটিত চাকি জ্বলাই মাহ-প্ৰসাদৰ শৰাই আগবঢ়ায় নাম গুণ গায়। ল'ৰা ছোৱালীহঁতে মাহ-প্ৰসাদ খাই ইঘৰ - সিঘৰ ফুৰে। এইয়া কেৱল আনন্দই নহয় সম্প্ৰীতিৰ প্ৰতীক। এনেদৰেই বিহুয়ে একতাৰ দোলেৰে অসমীয়া জাতিক বান্ধি ৰাখিছে।


পৃষ্ঠা ১০
ধাৰাবাহিকঃ

সমাধিস্থ সপোনত
অংকুৰিত পোহৰ

মিনাৰা হুছেইন, নগাঁও

যোৱা সংখ্যাৰ পিছৰ পৰা

(সপ্তম)

এলাৰ্মটোৱে পুৱা ছয় বজাৰ সংকেত দিলে।  মালতীবাইক জগাই দিলোঁ। মাইনাদুজনী এতিয়াও শুই আছে।  ইচ ইঁহতৰ ভোকেই লাগিছে নেকি ! সোনকালে ফ্ৰেছহৈ আহি মাইনাদুজনীক ৰাধাৰ ওচৰলৈ লৈ গ'লোঁ। 
: উঠা ৰাধা...চোৱা টিকলীদুজনীয়ে চাই আছে তোমালৈ।
ৰাধাই চকু মেলি চাই মৰমেৰে দুয়োজনীকে আকোঁৱালি ল'লে।
মই আমাৰ কোঠালৈ সোমাই গৈ বিছনাত  শুই পৰিলোঁ। ওপৰৰ ডাৱৰৰ ডিজাইন থকা ফল্ছ চিলিংলৈ চাই ৰ'লোঁ। পৃথিৱীখন বৰ জটিল। তাতোকয়ো জটিল মানুহবোৰ, মানুহৰ মনবোৰ।  গৌৰীৰ কথা দেখোন পাহৰিব পৰা নাই। ইমান কম বয়সত, মাত্ৰ সোতৰ বছৰ বয়সত ! কিমান কষ্ট পাইছিল কিজানি ! সৰুতে মাক দেউতাকক হেৰুৱাই মাথোঁ তেৰ বছৰ বয়সত একমাত্ৰ বায়েকক হেৰাই কেনেদৰে বাৰু নিজকে চম্ভালি লৈছিল মালতীবায়ে ? আৰু  শাহুমায়ে ? তেওঁ কেনেদৰে সেইজন ব্যক্তিক স্বামী বুলি এতিয়াও সন্মান কৰি আছে ?

: মোকো মাইনা লাগে আৰু দেৰি নকৰো দেই। বুলি অনুৰাগে  পিছফালৰ পৰা সাবটি ধৰিলে।
   একেথৰে অনুৰাগলৈ চাই ৰ'লোঁ।
   : কি ভাৱিছা...?
    : অ..মই... নাই...মানে
          অনুৰাগে মোৰ কপালত এটি চুমা আঁকি দিলে। 
      অনুৰাগ অফিচলৈ গ'ল। মই এইকেইদিন নাযাওঁ। ৰাধা সুস্থ হ'লেহে যাম।
    ৰাধাক মনটো মাৰি থকা যেন লাগিল। ৰাধাক এবাৰ ভালদৰে চেক আপ কৰিলোঁ। 
"আৰে এইটো কেনেকৈ সম্ভৱ"
       মই চিঞৰি উঠিলোঁ। ওচৰতে থকা শাহুমা দৌৰি আহিল।
: মা...ৰাধাৰ প্ৰেচাৰ বহুত হাই হৈ গ'ল। ৰাতিপুৱা লৈকেতো ভালেই আছিল। তাই ইহঁতদুজনীকো খোৱাইছিল।টেবলেট এটা উলিয়াই ৰাধাক দিলোঁ।
: বৌ...। ৰাধাই মোৰ হাতত ধৰি কান্দি দিলে।
: কি হ'ল ? কিয় কান্দিছা ?
: ৰুবুলে ফোন কৰিছিল।ছোৱালী হোৱাৰ বাবে বহুত কিবাকিবি কৈছে। মোক বোলে নিব নাহে। মোৰ ছোৱালী কেইজনীৰ কি হ'ব ?
     ৰাধাৰ দুগালেৰে তপত অশ্ৰু বৈ গ'ল।
: আৰে নিনিলে হ'ব নেকি ? দুজনীকৈ ছোৱালী ...কোনে কি কৰিব ?
          শাহুমায়ে ৰুবুৰক ফোন কৰিবলৈ ধৰিছে।
: মা...এইবোৰ পিছে পৰেও হ'ব। এতিয়া ৰাধাৰ কণ্ডিচন ভাল নহয়।
     গাড়ীখন ওলালোঁ। মালতীবাইৰ লগত ধৰা ধৰিকৈ ৰাধাক গাড়ীত বহালোঁ। শাহুমাক মাইনাদুজনীক চাবলৈ কৈ হস্পিতালৰ দিশে গতি কৰিলোঁ।
     ৰাধাক আই.চি.ইউত ভৰ্তি কৰা হ'ল। অনুৰাগ আহিল। অনুৰাগক ধৰি কান্দি দিলোঁ। এগৰাকী চিকিৎসক হিচাপে  বুজি উঠিছোঁ ৰাধাৰ কণ্ডিচনৰ কথা। ৰুবুলকো ফোন কৰি জনোৱা হ'ল। কিন্তু নাহিল। 
     মালতীবায়েও খুব কান্দিছে। তাই হেৰুৱাব নোখোজে ৰাধাক। গৌৰীদিদিৰ সৃষ্টি ৰাধা। 
: বোৱাৰী... তুমি কিবা এটা কৰা। মোৰ ৰাধাজনীক বছোৱা।
      অনুৰাগে মালতীবাইক সাবটি ধৰিলে। সি জানে সকলো। তাৰো বেয়া লাগে। ৰাধাৰ বাহিৰে কোনো নাই মালতীবাইৰ। এই ৰাধাৰ বাবেই গোটেই জীৱন এনেদৰে কটাই দিলে। অনুৰাগৰ চকু সেমেকি উঠিল।
    মোক আৰু অনুৰাগক হস্পিতাল কৰ্তৃপক্ষই বিচাৰিছে। 
: চাওঁক ডা.নিমিশা। আপুনি সকলো বুজিছে। পেচেন্টে কিবা এটা সাংঘাতিক মনোকষ্ট পাইছে। যাৰ বাবে হঠাৎ তেওঁৰ প্ৰেছাৰ হাই হৈ গ'ল। আৰু...
: আৰু...আৰু...কি ?
        হস্পিতালৰ পি.আৰ.অ চন্দনা মহন্তৰ ফালে চাই সুধিলোঁ।
: ৱি আৰ চ'ৰি 
       চন্দনা মহন্তই মোক হাতত ধৰি ক'লে।
    অনুৰাগ ওচৰতে থকা বেঞ্চখনত বহি পৰিল। 
মই অলপ পৰ থিয় হৈ ৰ'লোঁ। 
: বোৱাৰী কি হ'ল ?
        মালতীবায়ে নিমিশাক সুধিলে।
    মালতীবায়ে কান্দিব পৰা নাই। ওচৰতে থকা ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটোৰ ফালে চালে।
: ভগৱান তুমি কিয় বাৰে বাৰে এনেকুৱা কৰিছা ? সঁচাকৈয়ে তুমি শিলৰ। তোমাৰ অন্তৰ নাই। 
     মাটিত বাগৰি বাগৰি চিঞৰিলে।
      ৰাধাক শ্মশানলৈ নিবলৈ সকলো ৰেডি হ'ল। দেউতা ৰুমতে সোমাই থাকিল। মা আহি ৰাধাৰ মুখখন এবাৰ চালে। মুখখন হাতত তুলি লৈ মৰম ভৰা চুমা এটি যাচিলে। জীৱিত অৱস্থাত এনেকুৱা এটি তপ্ত চুম্বনৰ বাবে মাকলৈ আগ্ৰহেৰে চাইছিল। মাকৰ মনত নপৰে তাইক কেতিয়াবা সঁচাকৈয়ে মৰম কৰা। কিন্তু আজি তেওঁ বিচাৰিছে মৰম কৰিবলৈ।
: উঠ অনুৰাধা ! মা উচুপি উঠিল। 
 মই দেউতাৰ ৰুমলৈ গ'লোঁ।
 : দেউতা... ৰাধাৰ যাবলৈ হ'ল। আপোনাৰ ছোৱালীয়ে সকলোৰে লগত অভিমান কৰি গুচি গ'ল। এবাৰ আহক তাইক চাই যাওঁক। কি শান্ত ভাৱে শুই আছে।
     মোৰ হাতত ধৰি  শহুৰ দেউতা আহিল।
: আইজনী ...
আজি বিৰেণ বৰকটকীয়ে একো ক'ব নোৱাৰিলে। মাথোঁ অশ্ৰুসিক্ত নয়নেৰে চাই ৰ'ল ৰাধাৰ মুখনিলৈ।

আগলৈ..

পৃষ্ঠা ১১
অণুগল্পঃ

ক/ ডাইবেটিছ

ত্ৰিবেনী তালুকদাৰ
ধেমাজী

"ইমান সোপা মিঠাই আনিছে আলহীৱে হেৰি, শুনিছেনে কি কৰোঁ, আমি দুইজনেটো খাবই নোৱাৰোঁ, আৰু মাজনীৱেও ডায়েটিং কৰি আছে।"
"বাইদেউ এটা কথা কওঁ, মোক মিঠাই দুটামান দিব নেকি, আপোনালোকৰ পেলনিহে যাব, মোৰ শহুৰ দেউতা মিঠাইৰ পগলা, মই বিয়ালৈ গ'লে মিঠাইটো তেওঁলৈ বান্ধি আনো।" কাম কৰা তিৰোতাজনীৰ কথাত বৰুৱানী ধনেৰে চহকী হ'লেও শৰীৰেৰে যে নহয় সেই কথাটো তাই উপলবদ্ধি কৰিলে।


খ/ সিদ্ধান্ত

অংশুমান ভূঞা
চামতা, নলবাৰী
৬০০২৯৯৪৯৮০

এখুজি দুখুজিকৈ মলয়া বিশেষ কোঠাটোৰ সন্মুখত উপস্থিত হ'ল। য'ত এদিন গাভৰু জীৱনৰ অমূল্য সম্পদকণ হেৰুৱাইছিল।বহুদিন নোখোলা কোঠাটোৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়াত ভিতৰখন পোহৰ হৈ পৰিল। এচাটি মৃদু বতাহে মলয়াৰ দুগালত কোবাই গ'ল।খোলা খিৰিকীৰে ৰাতি বতাহত ভাগি পৰা বাহটো পুনৰ সাজিবলৈ একাণপতীয়াকৈ লাগি থকা চৰাইহালক দেখিবলৈ পালে।কিবা এটা ভাল লাগি গ'ল।
এটা হুমুনিয়াহ এৰি তাই ম'বাইলটো হাতত তুলি ল'লে।অতীতৰ সকলো ধুমুহাক আঁ‌তৰাই ত্ৰিদীপৰ প্ৰস্তাৱত সন্মতি জনোৱাৰ সিদ্ধান্তৰে।

পৃষ্ঠা ১২
গ/ ভগৱান

জেপোলিন ৰাজকুমাৰী

এজন ভগৱানে মোক এৰি থৈ গ'ল ; কিন্তু এজন ভগৱান মোৰ লগত এতিয়াও আছে ৷ অপৰাজিতাই গোমা আবেলিটোত বাৰাণ্ডাৰ হেলনীয়া চকীখনত বহি স্বৰ্গগত দেউতাক আৰু পৰমেশ্বৰ সদৃশ স্বামীৰ কথা ভাবি ঠাণ্ডা হৈ যোৱা চাহ কাপত চুমুক দিলে ৷

ঘ/ উপলব্ধি

মনিকা দেৱী
মৰিগাঁও

জীৱনৰ মনোৰম এচোৱা সময় মানুহহালে সকলো ক্ষেত্ৰতে বুজা বুজি কৰিয়ে পাৰ কৰিলে । ল'ৰা- ছোৱালী হালৰ পঢ়া- শুনাৰ ক্ষতি হয় বুলিয়ে মিতিৰ- কুটুমৰ ঘৰলৈ পিঠি দিলে । একেবাৰে এৰিব নোৱাৰা দুই- এঘৰ আত্মীয়ৰ সৈতেহে বিয়াই- সকামে যাতায়তটো ৰক্ষা কৰি চলিলে । কিন্তু এতিয়া  প্ৰতিষ্ঠিত হৈ ল'ৰা- ছোৱালীহঁতে শেষ সময়ত তেওঁলোকক ব্যস্ততাৰ অজুহাতত লগ এৰা দিওঁতেহে ভালকৈ উপলব্ধি কৰিলে যে আপোন মানুহবোৰৰ চেনেহক নেওচা দি কিমান ভুল কৰিলে । যাৰ বাবে সকলোকে ত্যাগ কৰিলে  , সিহঁতেইচোন এতিয়া তেওঁলোকৰ পৰা গা-এৰা দিছে ।
এইবাৰ হে মানুহহালে অসহায় যেন অনুভৱ কৰিলে।

পৃষ্ঠা ১৩
এক মিনিটৰ গল্পঃ

বৰষুণ
             
মীনাক্ষি ৰায় ডাকুৱা
গোলকগঞ্জ, ধুবুৰী

প্ৰথম চিনাকিতেই নন্দকিশোৰৰ ওচৰত পদ্মিনীয়ে প্ৰাৰ্থীৰ দৰে ভৰি কোচাই বহি যেন বাৎসল্য বিচাৰিছিল। পদ্মিনীয়ে তাইৰ দেউতাকক দেখা নাই । ছবিও দেখা নাই । আনকি মাকে তাইক তেওঁৰ নাম পৰ্যন্ত তাই বাৰে বাৰে সুধিলেও কোৱা নাছিল । তাই মাথোন জানে, তাইৰ জন্মৰ পিছতেই দেউতাকে তেওঁলোক মাক- জীয়েকক কোনো অজ্ঞাত কাৰণত এৰি থৈ যায় । জীৱনৰ অন্তিম দিন পৰ্যন্ত মাকে তেওঁৰ নাম গোপন ৰাখিছিল । অত্যন্ত দৃঢ়মনা আৰু ঋজু স্বভাৱৰ মহিলা আছিল অধ্যাপিকা বাসন্তী বৰ্মন । একক মাতৃ (single mother) হিচাবে অকলেই পদ্মিনীক উপযুক্ত শিক্ষা-দীক্ষাৰে মানুহ কৰি সুপাত্ৰত বিয়া দিছিল।
কোঠালিৰ ইজিচেয়াৰখনত বহি অধ্যাপক নন্দকিশোৰ বৰ্মণে পদ্মিনীহঁতৰ কথাকেই ভাবি আছিল—পদ্মিনী, প্ৰৱাল আৰু কণমানি জিলমিলৰ কথা । তেওঁলোকৰ সৰু পৰিয়ালটো যেন প্ৰথম পুৱাৰ এচেৰেঙা কোমল ৰ'দ । দেখিলে চকু জুৰ পৰি যায় । তেওঁলোকৰ হাঁহিভৰা মুখবিলাক বাৰে বাৰে চকুৰ আগত ভাঁহি উঠিছে । সুখ যেন তেওঁলোকৰ জীৱনত বতাহৰ দৰে অনায়াস, স্বচ্ছ । পদ্মিনীক দেখি হঠাৎ চমকনি লাগিছিল নন্দকিশোৰৰ । পদ্মিনীৰ ফালে আকুলতাভৰা দৃষ্টিৰে চাই আছিল তেওঁ । তাইৰ থিয় হোৱাৰ ভঙ্গী, কণ্ঠৰ আন্তৰিকতাৰ সুৰে যেন বিশেষ কাৰোবাক প্ৰতিনিধিত্ব কৰিছে । সকলোবোৰেই যেন অতি চিনাকি আৰু বিহ্বল কৰা । জীৱনৰ বাষষ্টি বছৰ বয়সত সঁচাকৈয়ে বিহ্বল হৈ পৰিছিল তেওঁ ।
হৃদয়মথিত কৰি উঠি অহা অনবদ্য এক পৰম শান্তিয়ে মনটো আপ্লুত কৰিলে অধ্যাপক নন্দকিশোৰ বৰ্মণৰ । গভীৰ মমতাৰে খিৰিকিৰে আকাশৰ ফালে চাই পঠিয়ালে তেওঁ । বাহিৰত তেতিয়া বৰষুণ আৰম্ভ হৈছে । তেওঁৰ বুকুৰ ভিতৰতো—।

পৃষ্ঠা ১৪
অনুবাদ কবিতা ঃ

Incantation

Czeslaw Milosz

Human reason is beautiful and invincible.
No bars, no barbed wire, no pulping of books,
No sentence of banishment can prevail against it.
It establishes the universal ideas in language,
And guides our hand so we write Truth and Justice
With capital letters, lie and oppression with small.
It puts what should be above things as they are,
Is an enemy of despair and a friend of hope.
It does not know Jew from Greek or slave from master,
Giving us the estate of the world to manage.
It saves austere and transparent phrases
From the filthy discord of tortured words.
It says that everything is new under the sun,
Opens the congealed fist of the past.
Beautiful and very young are Philo-Sophia
And poetry, her ally in the service of the good.
As late as yesterday Nature celebrated their birth,
The news was brought to the mountains by a unicorn and an echo.
Their friendship will be glorious, their time has no limit.
Their enemies have delivered themselves to destruction.


শব্দৰ যাদু 

(মূল  - Czeslaw Milosz ' 
অনুবাদ:  প্রাণকৃষ্ণ গোস্বামী) 

মানবীয় চিন্তা সুন্দৰ আৰু অপৰাজেয় 
বাধাহীন, কাঁইটীয়া বেৰাহীন, নাই গ্ৰন্থৰ বিনাশ,
নিৰ্বাসন দণ্ডয়ো ইয়াক নোৱাৰে ৰুধিব ৷
ই ভাষাৰ মাধ্যমেৰে কৰে প্ৰতিষ্ঠা বিশ্বজনীন ধাৰণাৰ ,
অসত্য আৰু শোষণক স্তিমিত কৰি, স্বৰ্ণলিপিৰে   
সত্য আৰু ন্যায় লিখিবৰ বাবে কৰে আমাক উদ্বুদ্ধ ৷
হতাশাৰ শত্ৰু আৰু আশাৰ বন্ধু
এই মানবীয় চিন্তা, যাৰ বাবে
নাই কোনো জাতি-বৰ্ণ-ধৰ্ম
অথবা শ্ৰেণীৰ মহত্ব, মেলি দিছে ই
আমাৰ সমুখত সমস্ত পৃথিৱী
অসূয়া -অপ্ৰীতিৰ ভাষাক বিনাশি
সুন্দৰ -স্বচ্ছ শব্দভাণ্ডাৰ সাঁচিবৰ বাবে ৷
এই মানৱীয় চিন্তাই কয় 
সূৰ্য্যৰ পোহৰত সকলো নতুন হয় ৷
খুলি দিয়ে অতীতৰ কঠিন হাঁতোৰা ৷
সৌ -সিদিনাহে জন্মা ,সুন্দৰ দৰ্শনবাদ 
আৰু কবিতা, যি হ'ল মানৱীয় চিন্তাৰ
শুভ কাৰ্য্যত নতুন লগৰী ৷
কালিহে মাথোঁ দুয়োকে আদৰিছে প্ৰকৃতিয়ে ,
এক সৰগীয় দূত, আৰু এটি প্ৰতিধ্বনিয়ে
এই বাৰ্তা পাহাৰক দিলে ৷
দুয়োৰে এই বন্ধুত্ব মহিমামণ্ডিত 
হ'ব ,
সমুখত যে দুয়োৰে সময় অফুৰন্ত
সিহঁতৰ শত্ৰুবোৰ ধাৱমান আপোনঘাটি হোৱাৰ দিশে ৷

  ('unicorn ' শব্দক ' সৰগীয় দূত' বোলা হৈছে )

পোলেণ্ডীয় কবি চেছল' মিল'জৰ জন্ম ১৯১১ চনৰ ৩০ জুন আৰু তেওঁৰ মৃত্যু হয়  ২০০৪ চনৰ ১৪ আগষ্টত ৷ তেওঁ একেৰাহে কবি, প্ৰৱন্ধকাৰ, অনুবাদক আৰু এজন ডিপ্ল'মেট আছিল ৷ দ্বিতীয় মহাযুদ্ধৰ ওপৰত লিখা 'The World ' তেওঁৰ একুৰি কবিতাৰ এখন বিখ্যাত সংকলন ৷ মহাযুদ্ধৰ 
পিছতে তেওঁ পেৰিচ আৰু আমেৰিকাত পোলেণ্ডৰ সাংস্কৃতিক প্ৰতিনিধি আছিল আৰু ১৯৫১ চনত তেওঁ পোলেণ্ড ত্যাগ কৰি আমেৰিকাৰ শৰণাপন্ন হয় ৷ ১৯৫৩ চনত  প্ৰকাশিত তেওঁৰ প্ৰৱন্ধ সংকলন ' The Captive Mind' ষ্টেলিনবাদৰ বিৰুদ্ধে এক মহৎ গ্ৰন্থৰূপে পৰিগণিত হয় ৷ পশ্চিমীয়া দেশত সাহিত্যৰ অনেক সন্মান লাভ কৰাৰ উপৰিও ১৯৮০ চনত তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰে ৷

পৃষ্ঠা ১৫
হাবিয়নিৰ কাষত এটা হিমস্নাত সন্ধিয়া
(Stopping by Woods on a Snowy Evening)

মূল ইংৰাজীঃ ৰবাৰ্ট ফ্ৰষ্টৰ
অনুবাদঃ ড৹ দিপীমা বুঢ়াগোহাঁই

মোৰ বোধেৰে মই জানো এইডৰা কাৰ বাঁহনি।
তেওঁৰ ঘৰ কিন্তু সুদূৰ গাঁৱত;
তেওঁ নেদেখিব মই ইয়াত ৰোৱা
তেওঁৰ বৰ্ফাবৃত্ত হাবিয়নি চোৱা।

মোৰ কনমানি ঘোঁৰাটো কিজানি হতবাক হৈছে
কোনো চৰাইখানাৰ অবিহনে মোক ইয়াত ৰোৱা দেখি
এই হাবিতলী আৰু হিমক্লিষ্ট বিলৰ মাজত
বছৰৰ অতিশয় কজলা গধূলিত।

ঘোঁৰাটোৱে লেকামৰ টিলিঙাটো জোকাৰিলে
মোৰ কিবা ভুল হ'ল বুলি সুধিবলৈ যেন।
তাৰ বাহিৰে আৰু এটাই কোলাহল তাত
বৈ অহা সৰল বতাহজাক আৰু নামি অহা বৰফৰ টুকুৰা।

বাঁহনিখন ধুনীয়া, কজলা আৰু গভীৰ,
কিন্তু মোৰ কথা দিয়া আছে,
টোপনিৰ আগেয়ে আৰু বহু গজ যাবলৈ আছে,
টোপনিৰ আগেয়ে আৰু বহু গজ যাবলৈ আছে।

ঠিকনা: 
C/O দিলীপ কুমাৰ বুঢ়াগোহাঁই, 
পানীদুৱাৰ আলি, 
ডাক: গড়গাঁও, 
জিলা: শিৱসাগৰ।

পৃষ্ঠা ১৬
कायनात

गुलज़ार

बस चंद करोड़ों सालों में
सूरज की आग बुझेगी जब
और राख उड़ेगी सूरज से
जब कोई चांद न डूबेगा
और कोई ज़मीं न उभरेगी
तब ठंडा बुझा इक कोयला-सा
टुकड़ा ये ज़मीं का घूमेगा
भटका-भटका
मद्‌धम ख़किसत्री रोशनी में !

मैं सोचता हूं उस वक़्त अगर
काग़ज़ पे लिखी इक नज़्म कहीं उड़ते-उड़ते
सूरज में गिरे
तो सूरज फिर से जलने लगे !

স্বৰ্গ

মূল হিন্দী :- গুলজাৰ
অনুবাদ:- মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন

মাত্ৰ কেইটামান কোটি বৰ্ষৰ পিছত
সূৰ্যৰ জুইকুৰা যেতিয়া নোমাই যাব
আৰু সূৰ্যৰ ছাইবোৰ উৰি থাকিব
যেতিয়া কোনো চন্দ্ৰ অস্ত নেযাব
আৰু কোনো মাটিয়ে উৰ্বৰা হৈ নেথাকিব
তেতিয়া অপ্ৰজ্বলিত চেঁচা এটুকুৰা কয়লাৰ দৰে
এই মাটিৰ টুকুৰাটো ঘূৰি থাকিব
লক্ষ্যহীন ভাৱে
মধ্যমীয়া মটীয়া পোহৰৰ মাজত

মই ভাবো সেই সময়ত যদি
কাগজত লিখা কোনো এটা কবিতা উৰি-উৰি
সূৰ্যত পৰে
আৰু সূৰ্য পুনৰ জ্বলি উঠে!

পৃষ্ঠা ১৭
কবিতাঃ

শীত, ২০১৯

ৰীতা বৰুৱা

নিয়মৰ আঙুলিত ধৰি 
কুঁৱলী কাপোৰ দেহত মেৰিয়াই
আকৌ আহিছে শীত

শীতে শুকুৱাই পেলাইছে চৌদিশ
গছ-বন, ফুল-পাত, মাটি-বালি

শুকুৱাই শীৰ্ণ কৰিছে
নৈ, জান, জুৰি

পাছে, এয়া কেনে শীত  !
শুকুৱাই শীৰ্ণ কৰিব খুজিছে জাতিটো
শুকুৱাই শেষ কৰিব খুজিছে ভাষাটো

এয়া কেনে শীত 
ঠেঁটুৱৈ লগা শীততো উতলিছে 
বাট-পথ, গাঁও-ভূঁই  !

পৃষ্ঠা ১৮
কাক ক'ম  কোনে পতিয়াব ?

ৰণ্‌জিত গগৈ

আপোনাকতো সকলো কথাই 
ক'ব নোৱাৰি

এজাউৰী যন্ত্ৰণাই
কেনেকৈ জকাই-জুলুকিয়াই আছে
মোৰ বুকুৰ চৌপাশ

গুটি ধানৰ ভঁৰাল
গাই -গুটীয়া হ'ল 

মৰি জহি গোহালীৰ গৰুৰ হেম্বেলনিবোৰ
ক'ৰবালৈ গুচি গৈছে 

ভৰপূৰ আঘোণৰ  টুনিজাকো
খেদিব নোৱাৰা
বুকুত সপোনৰ অনামি
অসুখ !  কাক ক'ম 
কোনে পতিয়াব ?

আবেলিৰ লেংলেঙীয়া ছাঁটোৰ দৰে
দীঘল হৈ আহিছে
বুকুত পুৰণিদিনৰ অসুখ এটাই

যেনিবা আপোনাৰ চকুতেই চকু থ'লো
হাঁহি এটা জানো পৰিব ওঁঠত
তুলি দিব !  আয়ে দিয়াৰ দৰে !

পৃষ্ঠাঃ ১৯
আঘোণৰ আবেদন
 
শর্মীষ্ঠা বর্মন
নতুন দিল্লী

আহিনে কুমজেলেকুৱাৰ গতিৰে
কঢ়িয়াই নিলে শুকুলা ডাৱৰ ,
আকাশে এতিয়া চলাইছে প্রস্তুতি
আঘোণক আদৰিবলৈ ৷

সূৰুযেও এন্ধাৰৰ নিহালিখন গুছাই
সিজোৱা কণীৰ লথপ্ থপ কুহুমৰ দৰে 
দৃশ্যমান হৈ কৰিছে পূৱেৰুণ ৷
চৌদিশে এতিয়া আঘোণৰ গোন্ধ ,
আঘোণৰ অৰুণৰ কোমল কিৰণত 
প্রেমিক-প্রেমিকাই সদ্যস্নাতা হৈ 
জুকিয়াবলৈ সাজু হৈছে
তাহানিৰ অমিল মনৰ কথাবোৰ ৷

আঘোণৰ শীতল আবেদনত 
মন এতিয়া উগুল-থুগুল ৷

পৃষ্ঠা ২০
চানেকি

কৰবী ভুঞা
মুৰফুলনী বাগান গাঁও গোলাঘাট

উৰুঙা বতাহজাকে ৰাগিনী তুলিলে,
আকাশৰ তলত বহি জোনাক চোৱাৰ বয়স এইয়া।
নৈখনত এতিয়া বাঢ়নী পানীৰ ৰোল।
ল'ৰালিৰ সাঁকোৰ ৰং লাগিছে।
জপনাখনত ঘূনে ধৰিছে,
আইয়ে কৈছে এইবাৰ ভদীয়া বানৰ কোবাল ঢৌ  !
ৰাতিৰ তৰা লেখি  তাই টোপনি যায়।
মুধছেৰে জোনাক সৰিলে জিলিকি ৰয় তাইৰ নিমজ গাল।
নাঁওখন যতনাই থবি অ… ..
মাজৰাতি এইয়া কাৰ চিঞৰ,
বানে মুধছ  চুলে,
সপোনবোৰ  মুধুছৰ সমানে ওখ নেকি আই ?
পিতায়ে  কয় সপোনবোৰ আকাশৰ দৰে বিশাল।
বৈ যায় নদীৰ দৰে মোহনালৈ।

তাই চায় ৰয় আকাশলৈ
কোনো পৰিধি নাই, সুবিশাল আকাশ
মৌন হৈ ভাৱে আমাৰচোন জীৱনৰে ঠিকনা নাই।

( নৈপৰীয়া জীৱনটো কেতিয়াবা উপলব্ধি কৰোঁ বানে ধোৱা  সপোনত পদুম ফুলে। সেই পদুমৰ অনেক স্পন্দন)

পৃষ্ঠা ২১
লুইত কুঁৱৰী

মিনহাজুল আবেদিন
ফ'ন- ৮১৩৩০৯০১৫৪

জাল্লিকাট্টুৰ উন্মত্ত ষাঁড় হেন লুইতে 
শুকুলা কাপোৰখন গাত মেৰিয়াই দিয়াৰ 
দিন ধৰি  প্ৰতিটো বিনিদ্ৰ নিশা
চিৰ গোপনজনৰ সৈতে মৌনতাৰ ভাষাৰে 
অন্তহীন কথা পাতোঁতে সৰগৰ কত যে 
মুকুতা মণি মৰতলৈ নমাই আনে তাই।

গা ধোৱা ঘাটটোত চকু মুদি ডুব দিওঁতে 
তাই কাণ পাতি শুনিবলৈ চেষ্টা কৰে,
লুইতৰ অশ্বমেধ যজ্ঞৰ জুইত ভস্মীভূত হৈ 
লুইতৰ বুকুতেই নিজৰ অস্থি উটুৱাই দিয়া 
শ শ নাচনী নিজৰাৰ জীৱন গাঁথা।

পৃথিৱীহীন নিৰ্মম জীৱনৰ কাৰুণ্যই যেতিয়া 
তাইৰ কৰুণ সুৰত ভাসান গানৰ ৰূপ লয়,
তেতিয়া সুদৰ্শন চক্ৰত টুকুৰা টুকুৰ হৈও 
বিৰাট ৰূপ লভা সেই দেৱীৰ কোনেও নুবুজা
উথলি উঠা বিৰহ-বেদনাত উদ্বাউল দুচকুত
জন্ম লভে আন এক অনামি লুইতে।

নীৰৱ ধুমুহাৰ শেষত আকৌ এটুকুৰা বিচ্ছিন্ন ভূমিত
পুৰণি সাজেৰে নতুনকৈ গঢ়ি উঠে এটি সৰু জুপুৰী,
শান্ত পুৱাৰ স্বৰ্ণাভ আভা সানি গঙ্গালৈ ৰূপান্তৰিত 
হোৱা লুইতৰ পাৰতেই বাজি উঠে বাৰাণসীৰ 
শঙ্খধ্বনি।

পৃষ্ঠা ২২
মৃত্যু এতিয়া তেনেই সহজ

তানিয়া মধুকল্য

মৃত্যু আজি বাৰুকৈ 
সহজ হৈ পৰিছে
হয়! কালৰূপী মহামাৰী
আকৌ ওভতি আহিল 
আকৌ ওভতি আহিল 
গৃহবন্দীত্ব,
ওভতি আহিল লকডাউন !

মানুহৰ পৰা মানুহলৈ
দূৰত্ববোৰ ক্ৰমাৎ আকৌ 
বাঢ়িবলৈ ধৰিছে,
প্ৰকৃতিৰ ক্ৰোধৰ জুইয়ে
আজি বৰকৈ দহিছে

আকৌ শেতা পৰিল 
ৰঙীন পৃথিৱীৰ উজ্জ্বল ৰং
এইবাৰো বছৰটো এনেকৈয়ে 
পাৰ হ'বনে ?
এইয়া আচলতে কি ?
মানুহৰ ভাৰ সহিব 
নোৱাৰি পৃথিৱীয়ে 
সৃষ্টি কৰা এটা 
জটিল চক্ৰবেহু  
নে প্ৰকৃতিৰ ওপৰত 
চলোৱা মানুহৰ বৰ্বৰ 
অত্যাচাৰৰ পৰিণতি !

জীৱৰ বাসস্থানবোৰো 
এতিয়া মানুহৰ কবলত।
প্ৰকৃতি আজি গভীৰ 
সংকটত।

দিশহাৰা হৈ পৃথিৱীয়ে
আজি মৃত্যুৰে যুঁজিছে 
মৃত্যু আজি বতাহত উৰিছে 
মৃত্যু আজি তেনেই সহজ 
তেনেই সুলভ।।


ঠিকনাঃ
তৃতীয় ষাণ্মাসিক
 ইংৰাজী বিভাগ
বিহপুৰীয়া মহাবিদ্যালয়, বিহপুৰীয়া 
পিন - ৭৮৪১৬১
জিলা - লক্ষীমপুৰ

পৃষ্ঠা ২৩
যদি ভাষা এটাৰ অপমৃত্যু হয় !

নিহাল গগৈ

বাতৰিখনেৰে মেৰিয়াই অনা 
বাদামৰ টোপোলাটো খুলি দেখিলোঁ,
ফটা কাকতখনত বৰ বৰ হৰফেৰে লিখা আছিল,
"ভাষাটোক ডিঙি চেঁপি হত্যা কৰা হ'ব...!"
মোৰ তেজৰ তুমৰলি কিছু শান্ত কৰি 
নেতাজনৰ কাষলৈ গ'লো, উপায় ?
আগত নিৰ্বাচন তেওঁ নিৰুপায় !
ৰাইজৰ কাষলৈ গ'লোঁ, উপায় ? 
প্ৰতিবাদ অথচ পৰিকল্পনাহীনতাত তেওঁলোকাে অসহায় !
বৌদ্ধিক মহলক সুধিলোঁ, উপায় ?
একলম লিখিব কিন্তু পঢ়াৰ মানুহ নাই !
ভাষা ৰক্ষাৰ সংগঠনৰ কাষত গৈ ক'লো, উপায় ?
সভাপতি, সম্পাদকৰ নিৰ্বাচন হোৱা নাই !
এতিয়া,
উপায়হীনতাত দুটামান বাদাম মুখত ল'লোঁ
বুজিলোঁ, মাতৃভাষা নক'লেও চুবাই থকাত বাধা নাই !
যদিও একলম লিখিলোঁ বাতৰিখনৰ সম্পাদকীয় পৃষ্ঠাত ---
"যদি ভাষা এটাৰ অপমৃত্যু হয় জাতিটো জী থাকিবনে নাই...?"

পৃষ্ঠা ২৪
শৰতৰ আগমন

শ্ৰী দিপ্‌লু‌ শৰ্মা 
গুৱাহাটী,বশিষ্ঠ 

এজাক
প্ৰেমৰ বতাহ ,
তাত সিঁচৰিত
প্ৰেমৰ  ভাবনা ।
হৃদয়ৰ নিভাজ কোনত
তোমাৰ সজীৱ স্মৃতি ।
আলিংগনৰ অনুভুতি,
শৰতৰে তলসৰা শেৱালি ।
কহুঁৱা বনত,
নিয়ৰৰ টোপাল
শৰতৰ গোপনে ,
আগমন ।
উমাল কাপোৰ,
আৰু 
জুহালৰ সেক ।
গভীৰ নিশা ,
নিয়ৰ পৰে
টোপ - টোপ ।
বেলিটিৰ  পোহৰ,
নিয়ৰে ঢাকে 
শৰতৰ আগমনে,
মন জুৰ কৰে ।

পৃষ্ঠা ২৫
স্বপ্নময় সোণোৱালী পুৱা 

মনচুমী কলিতা নাথ 
যোৰহাট

পুৱতি তৰাটিৰ কাষতে ৰৈ 
খেলি আছে সৌৱা 
পূৰ্ণিমাৰ ৰূপোৱালী জোন ,
প্ৰেমৰ মায়াজাল নোৱাৰি চিঙিব 
দুয়ো দুয়োৰে যে ইমান আপোন।

আলফুলে সাবটি মাটিৰ বুকু
শেৱালিয়ে ৰচি আছে অযুত সপোন ,
ভাবি গুণী উৱাদিহ
একোকে চোন পোৱা নাই 
কোন বাৰু প্ৰেমিক তাইৰ 
পুৱাৰ সুৰুয নে নিশাৰ জোন ?

চিকিমিকি আকাশত পুৱাৰ বেলি 
দূৰণিৰপৰা চাই মাৰে ভূমুকি ,
নিয়ৰ মুকুতা পিন্ধি দুবৰি দলিচাত বহি
জিকিমিকি শেৱালি আছে জিলিকি ।

সূৰ্যস্নাতা প্ৰকৃতিৰ শ্যামলী বুকুত 
জাগিছে এটি মিঠা 
সোণোৱালী স্বপ্নময় শাৰদী পুৱা ,
 জনমে জনমে শৰতহে শেৱালিৰ প্ৰকৃত প্ৰেম ভালপোৱা 
হ'ব যে নোৱাৰে আন
নিশাৰ জোন পুৱাৰ বেলি 
নতুবা চিক্ মিক্ হাজাৰ তৰা ।

পৃষ্ঠা ২৬
আহিনৰ এটি সাধুকথা 

জ্যোতিশিখা দত্ত

শুকুলা মেঘৰ আলি কাটি
নীলাভ আকাশখনে ভুমুকি মাৰে
নদীৰ পাৰৰ শুভ্ৰ কেশৰ
কঁহুৱাজনীক চাবলৈ

ক্ষণভংগুৰ ক্ষণত
বন্ধ মনৰ দুৱাৰ খুলি
বাকি দিয়ে হৃদয়-আলাপ

বোঁৱতী নদীৰ পানীত
হৃদয়-আলাপ উটি গৈ থাকে
কঁহুৱাজনীৰ কাষেৰে
কঁহুৱাজনী নিজৰ লগত নিজেই উমলি থাকে

আকাশখনৰ প্ৰেম অব্যক্ত হৈ ৰয়
টোপোল টোপাল চকুলোবোৰ
মুকুতা হৈ ধৰাত সৰি পৰে

কঁহুৱাজনীৰ শুভ্ৰ কেশৰ ৰন্ধ্ৰে ৰন্ধ্ৰেও
সোমাই পৰে 
আকাশখনৰ বিষাদ গাথা 
আৰু বুকুৰ কোনোবাখিনিত জ্বলি উঠে 
প্ৰেম উদ্ভাসিত প্ৰদীপ 

উজলি উঠা মুখখনেৰে কঁহুৱাই
প্ৰদীপৰ উৎস বিচাৰি আকাশখনলৈ চাই
পিৰীতিৰ এছাতি বতাহে
আকাশখনক সাবটি ৰয় l 

ঘৰ নং :৪০, শান্তি পথ 
ৰাধা গোৱিন্দ বৰুৱা ৰোড
জু ৰোড, গুৱাহাটী: ৭৮১০২৪ 
দূৰভাষ : ৭০০২১২০০২১ 
ই-মেইল : jyotisikhadatta@gauhati.ac.in

পৃষ্ঠা ২৭
শূন্যতাৰে ভৰি আছে বুকু
 
 ধুনু দত্ত

স্মৃতিৰ পাতবোৰ
বহুবাৰ লুটিয়াই চালোঁ
প্ৰতিখিলা পাততে
দেখোন চকুলো,

তোমাৰ অনুপস্থিত
নিঃসংগতাৰ  অনুভৱ,
বুকুৰ একোণত বিষাদ বেলাড

হয়তো,
মৰমৰ তফাতে এখন জেওৰা ভেটিলে 
তোমাৰ আৰু মোৰ মাজত

এতিয়া জীৱনৰ অৰ্থ বিচাৰি হাবাথুৰি খাওঁ
সপোনৰ চিতা ভস্ম বুটলি
বুকুখন জুমি চালে দেখোঁ
শূন্যতাৰে ভৰি আছে
মোৰ বুকু।


পৃষ্ঠা ২৮
কবিতা

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়

কবিৰ হৃদয়ৰ ভাষাবোৰ কাব্যিক
শব্দৰ মাজেৰে  হৃদয়ৰ পৰা প্ৰবাহিত হয়     
হৃদয়লৈ
কবিতা কবিৰ কল্পনা নে বাস্তৱ !

কবিৰ অনুভৱী হৃদয়ে নিগৰাই
টুপ টুপ নিয়ৰৰ টোপাল
অথবা স্নেহৰ বৰষুণ
কবিৰ আপোন কোন !
সুখ কিম্বা দুখৰ বৈভৱ
   
প্ৰতিটো ঋতুত লাস্যময়ী কবিতা
সংবেদনশীল মগজুৰ তৃপ্তি।

পৃষ্ঠা ২৯
মানৱ শৰীৰ আৰু যোগ সম্পৰ্কীয়ঃ

মধুমেহৰ বাবে যোগাসন

চিন্ময়ী দাস
কামৰূপ, অসম 

ভাৰতবৰ্ষত মধুমেহ বা ডাইবেটিছ ৰোগীৰ সংখ্যা খুব বেছি। এই সংখ্যা আগলৈ আৰু বেছি হ'ব বুলি অনুমান কৰা হৈছে।  ভাৰতবৰ্ষৰ বাবে ই এক ডাঙৰ সমস্যাৰূপে থিয় দিছে। মানুহৰ আধুনিক জীৱন শৈলীৰ বাবেই এই ৰোগে বছৰি নতুন নতুন মানুহক আক্ৰান্ত কৰি গৈ আছে। বহুজনৰ প্ৰতিদিনে বহুত ইনছুলিন লব লগা অৱস্থা হৈছে । কিন্তু এক পইচা খৰছ নকৰাকৈ মাত্ৰ অলপ সময়ৰ বিনিময়ত যোগ কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। এই লেখাটোত কেইটামান যোগাসনৰ বিষয়ে দিয়া হৈছে, যিকেইটা নিয়মিত অভ্যাস কৰিলে মধুমেহ ৰোগত অতিকৈ সুফল পাব পাৰি।

১) ভূজংগাসন
সময়ঃ  প্ৰথম অবস্থাত এই আসন ৪/৫ বাৰমান অনুশীলন কৰি অভ্যাসৰ দ্বাৰা ২ মিনিটলৈ বঢ়াই কৰিব পাৰি।
প্ৰণালীঃ দুয়োখন হাত বুকুৰ দুয়োফালে ৰাখিব । কিলাকুটি দুটা গাৰ কাষলৈ চপাই লৈ কপাল মাটিত লগাই উশাহ এৰিব । উশাহ লৈ লাহে লাহে ককালৰ পৰা মূৰলৈ যিমান পাৰি ওপৰলৈ তুলিব । দুয়োখন হাতৰ কিলাকুটি সম্পূৰ্ণ পোন হোৱালৈকে বুকু ওপৰলৈ তুলি মূৰ যিমান পাৰি পিছফালে নি স্থিৰে ৰাখিব । এই স্থিতিত উশাহ নিশাহ স্বাভাবিক ৰখা প্ৰয়োজনীয়।
সাৱধানতাঃ
   ১) হৰ্ণিয়া, মূৰ আৰু পিঠিৰ বিষ থকা মানুহে কৰিব নালাগে।
   ২) গৰ্ভৱতী মহিলাই কৰা অনুচিত।
উপকাৰিতাঃ  পেটফুলা, অজীৰ্ণ, মধুমেহ , কোষ্ঠবদ্ধতা আদি ৰোগত সুফল দিয়ে ।

২) শশঙ্কাসন
সময়ঃ ১০ ছেকেণ্ডকৈ আসনটো ৩-৪ বাৰ কৰিব পাৰে।
প্ৰণালীঃ বজ্ৰাসনত বহি ল'ব। আঁঠু দুটা যিমান পাৰি বহলাই আৰু বুঢ়াআঙুলি দুয়োটা লগ লগাই ৰাখিব । হাত দুখন আঁঠুৰ মাজত থ'ব। উশাহ এৰি হাত দুখন যিমান পাৰি আগলৈ দি হালিব আৰু থুঁতৰি মাটিত লগাব । বাহু সমন্তৰালকৈ ৰাখিব । সন্মুখলৈ চাই আসনত থাকিব । উশাহ লৈ আগৰ অৱস্থালৈ আহি,  উশাহ এৰি বজ্ৰাসনত আহি বিশ্ৰাম কৰিব।
সাৱধানতাঃ ককালৰ বিষত, আঁঠুৰ বিষত, উচ্চ ৰক্তচাপত কৰা অনুচিত।
উপকাৰিতা : এই আসনে মানসিক চাপ, কোষ্ঠকাঠিন্য, বদহজম, মধুমেহ ৰোগ দূৰ কৰাত সহায় কৰে।

৩) অৰ্ধমৎস্যেন্দাসন
সময়ঃ  ইয়াক কমেও ১ মিনিটলৈ কৰিব পাৰি।
প্ৰণালীঃ বাওঁভৰিখন আঠুত ভাজ কৰি সোঁভৰিৰ ওপৰেদি আনি সোঁভৰিৰ সোঁকাষে আঠুৰ ওচৰত ৰাখিব। সোঁভৰিখন কোচাই বাওঁ তপিনাৰ ওচৰত  সোঁভৰিৰ পতা মাটিত ৰাখিব । সোঁহাতেৰে বাওঁআঠু বেকা কৰি বাওঁভৰিৰ বুঢ়া আঙুলিত ধৰিব । কান্ধ আৰু ডিঙি যিমান পাৰি সিমান বাওঁপিনে ঘূৰাব । বাওঁ হাতখন বাওঁপিনেৰে পিছলৈ হাতৰ তলুৱা বাহিৰ ফাললৈ ৰাখি সোঁ উৰুৰ ওচৰলৈ লৈ যাব। চকুৰ দৃষ্টি বাওঁপিনেৰে পিছফালে ঘূৰাই নিৰ্দিষ্ট বিন্দু এটাত স্থিৰে ৰাখিব । শ্বাস-প্ৰশ্বাস স্বাভাৱিক ৰাখিব।  বিপৰীত দিশতো অনুশীলন কৰিব।
উপকাৰিতাঃ মধুমেহ, বৃক্কৰ ৰোগত এয়া এক উৎকৃষ্ট আসন।

৪) সেতুবন্ধ আসন
সময়ঃ প্ৰথম অৱস্থাত ১০-৩০ ছেকেণ্ড ৰৈ ৩/৪ বাৰ কৰিব আৰু অনুশীলনৰ পাছত ইয়াক ১-৩ মিনিটলৈ কৰিব পাৰি।
প্ৰণালীঃ দুয়োখন হাত কোচাই আনি গোৰোহা তপিনাৰ কাষত ৰাখিব । দুয়োহাতেৰে দুয়োভৰিৰ সৰুগাঁঠিত দৃঢ়ভাৱে ধৰিব উশাহ লৈ লাহে লাহে কমৰ ওপৰলৈ যিমান পাৰি উঠাই দিব আৰু দলংৰ দৰে আকৃতি কৰিব । স্বাভাৱিকভাৱে উশাহ- নিশাহ লৈ থাকি ১০-৩০ ছেকেণ্ড ৰ'ব। উশাহ এৰি লাহে লাহে আগৰ অৱস্থালৈ আহি শৱাসনত আৰাম কৰিব।
সাৱধানতাঃ  হাৰ্ণিয়া বা পেটৰ ঘাঁ  আৰু গৰ্ভাৱস্থাৰ আগৰ অৱস্থাত এই আসন কৰিব নালাগে।
উপকাৰিতাঃ পাচন তন্ত্ৰৰ ক্ষমতা বৃদ্ধি পায় আৰু বদহজম, কোষ্ঠকাঠিন্য, মধুমেহ দূৰ কৰাত সহায় কৰে।

৫) শৱাসন
সময় : যিমান সময় পাৰে কৰিব পাৰে। 
প্ৰণালীঃ ওপৰ মুৱাকৈ শুই ল'ব। হাত দুখন অলপ মেলি দি তলুৱা ওপৰমুৱাকৈ ৰাখিব। দেহাটো শিথিল কৰিব। দীঘল দীঘলকৈ উশাহ - নিশাহ ল'ব। চকু বন্ধ ৰাখিব। 
উপকাৰিতাঃ দেহৰ সকলো অংগক শক্তি যোগোৱাৰ লগতে মানসিক শান্তি প্ৰদান কৰে।

৬) ধনুৰাসন
সময়ঃ এই আসন ২০ ছেকেণ্ডৰ পৰা বঢ়াই ১/২ মিনিটলৈ কৰিব পাৰিলে ভাল। 
প্ৰণালীঃ দুয়োখন ভৰি আঠুত ভাজ কৰি আঠুৰ মাজত ছয় সাত ইঞ্চি ফাক কৰি ল'ব । উশাহ এৰি দুয়োখন ভৰিৰ সৰু গাঠিৰ ওচৰত ভালদৰে ধৰিব । উশাহ লৈ লাহে লাহে হাতেৰে ভৰিক আৰু ভৰিৰে হাতক টানি ওপৰৰ পিনে যিমান পাৰি উঠাব । পেট মাটিত লাগি থাকিব।  উৰু, বুকু, কান্ধ আদি সম্পূৰ্ণকৈ মাটিৰ পৰা ওপৰলৈ উঠিব।
উপকাৰিতাঃ  এই আসনে পেট, ককাল আদিত জমা হোৱা চৰ্বি নাইকিয়া কৰে আৰু হাত ভৰিৰ মাংসপেশী সবল কৰি তোলে। মধুমেহ ৰোগীৰ ক্ষেত্ৰত বহুত সুফল দিয়ে। 

৭) হলাসন
সময় : ১০ ছেকেণ্ডৰ পৰা আৰম্ভ কৰি ১ মিনিট সময় কৰিব পাৰে। 
প্ৰণালীঃ প্ৰথমে শুই ল'ব,  উশাহ লৈ দুয়োখন ভৰি ওপৰলৈ তুলি মাটিৰ লগত সমকোণ লৈ ৰাখিব । উশাহ এৰি ককাল ওপৰলৈ তুলি ভৰি মূৰৰ ওপৰলৈ নিব । উশাহ সম্পূৰ্ণকৈ এৰি ভৰিৰ আঙুলি মূৰৰ পিছফালে মাটিত লগাব । ভৰিৰ পটা টালি ৰাখি উশাহ স্বাভাৱিকভাবে ল'ব । আঠু ভাজ নকৰাকৈ পোনকৈ ৰাখিব ।
সাৱধানতাঃ হৰ্ণিয়া, গৰ্ভৱতী মহিলা, উচ্চৰক্ত চাপ, পিঠি বা ডিঙিৰ বিষ থকা মানুহে কৰা অনুচিত। 
উপকাৰিতাঃ মধুমেহ আৰোগ্য হোৱাত সহায় কৰাৰ লগতে যৌৱনগ্ৰন্থিৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

৮) সৰ্বাংগাসন
সময় : ৩০ ছেকেণ্ডৰ পৰা আৰম্ভ কৰি ৫ মিনিট পৰ্যন্ত কৰিব পাৰি। 
প্ৰণালীঃ  লাহে লাহে উশাহ লৈ দুয়োখন ভৰি  উঠাই ৰাখিব । আঠুত ভাজ কৰিব নালাগে । উশাহ এৰি ককাল ওপৰলৈ তুলি ভৰি মূৰৰ পিনে পিছলৈ নিব । উশাহ লৈ গাটো যিমান পাৰি সিমান ওপৰলৈ তুলি দুয়োখন হাত কিলাকুটিত ভাজ কৰি কান্ধৰ তলত ধৰিবলৈ যত্ন কৰিব। পিঠি, ককাল আৰু ভৰি সৰলৰেখাৰ দৰে আৰু মাটিৰ পৰা লম্ব অৱস্থাত থাকিব। দৃষ্টি ভৰিৰ বুঢ়া আঙুলিত স্থিৰ ৰাখিব।  উশাহ-নিশাহ স্বাভাৱিক ৰাখিব ।
সাৱধানতাঃ সাধাৰণতে হৃদৰোগ, ৰক্তচাপ বৃদ্ধি, স্পণ্ডেলাইটিছ ৰোগীয়ে সৰ্বাংগাসন কৰিব নালাগে।
উপকাৰিতাঃ সৰ্বাংগাসনে মধুমেহ ৰোগ, টনছিলাইটিছ, ফেৰেনজাইটিছ, স্বপ্নদোষ, শুক্ৰহীনতা আদি ৰোগ নিৰাময়ত সু-ফল দিয়ে।

পৃষ্ঠা ৩০
ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ২৫

পোর্ট ব্লেয়াৰ


শমীষ্ঠা বৰ্মন, নতুন দিল্লী

Neil Island ৰ পৰা উভতি অহাৰ পিছদিনা 'হোটেল'ৰ তৰফৰ পৰা 'পোর্ট ব্লেয়াৰ' দর্শন কৰোৱাৰ কথা আছিল ৷ এইবাৰ আমি এটা গোমোঠা চেহেৰাৰ 'ড্রাইভাৰ' এজন পাইছিলোঁ ৷ মনত সন্দেহ উপজিছিল , ভালদৰে আমাক ফুৰাব নে নাই বুলি ৷ পিছে কি বুলি 'হোটেল'ৰ মালিকক 'ড্রাইভাৰ' সলনি কৰাৰ কথা ক'ম ! সেয়েহে আমি মনৰ সন্দেহ মনতে ৰাখি সেই 'ড্রাইভাৰ'জনৰ লগত ফুৰিবলৈ ওলাই গৈছিলোঁ ৷
আমাক প্রথমতে এখন দীঘল কাঠৰ দলং পাৰ কৰাই এছিয়াৰ সর্ব্ববৃহৎ আৰু আটাইতকৈ পুৰণি কাঠৰ মিল অর্থাৎ Chatham Saw Mill আৰু তাত থকা Chatham Memorial লৈ গৈছিল ৷ 'ড্রাইভাৰ'জনে আমাৰ বাবে টিকট কিনি আনি দি সোনকালে চাই আহিবলৈ বাৰে বাৰে সোঁৱৰাই দিছিল , অন্যথা বাকী ঠাইবোৰ ভালদৰে দেখুৱাব নোৱাৰিব বুলি আগজাননী দিছিল ৷ 
আমি 'মিল'ৰ ভিতৰত সোমাই ইমূৰৰ পৰা সিমূৰলৈ খুঁতি - নাতিবোৰ তন্ন তন্নকৈ চাবলৈ ধৰিছিল ৷ ইয়াৰ পূর্বে আমি আৰি আৰু কৰতৰ বাহিৰে আন কোনো কাঠ কটা মেচিন দেখা নাছিলোঁ ৷ আমি  প্রথম বাৰৰ বাবে কাঠৰ মিল দেখাৰ সুযোগ পাইছিলোঁ ৷ সেয়েহে প্রায় ৰে'লৰ আলিৰ দৰে সজোৱা কাঠৰ মিলটোত আদিৰ পৰা অন্তলৈ গছৰ টুকুৰাবোৰ তৰপে তৰপে কাটি উলিওৱাৰ পদ্ধতি চাবলৈ ধৰিছিলোঁ ৷ সেয়েহে তাত আমাৰ বহু সময় লাগি গৈছিল ৷ Saw Mill ৰ পৰা ওলাই আমি Chatham Memorial ৰ ওচৰে - পাঁজৰে চাবলৈ ধৰিছিলোঁ ৷ তাত আমি Japanese Bunker দেখা পাইছিলোঁ ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪২ চনৰ ২২ মার্চৰ দিনা  জাপানী সেন্যই এই দ্বীপখন দখল কৰি লৈছিল ৷ 
আমি Bunker ৰ ভিতৰত সোমাই ভালদৰে চাই আহি সেই ঠাইৰ আশে - পাশে থকা গছ - গছনি আদি কৰি স্মাৰক স্তম্ভসহ চাই স্মৃতিস্বৰূপে তাত কিছুমান ছবিও তুলি লৈছিলোঁ ৷ তাৰ পাছত নির্দ্দিষ্ট স্থানত জোতা - চেণ্ডেল আদি খুলি থৈ আমি Chatham Memorial ত সোমাই এজন 'গাইড'ৰ সহায়ত এটা এটাকৈ সজাই থোৱা স্মাৰক চিহ্নবোৰ চাবলৈ ধৰিছিলোঁ ৷ প্রত্যেকটো স্মাৰকৰ বিষয়ে 'গাইড'জনে বিশদভাৱে বুজাই দি গৈছিল ৷ 
Chatham Memorial ৰ পৰা ওলাই আমি স্মৃতিচিহ্ন কিনিব পৰা দোকান অর্থাৎ Souvenir  shop লৈ গৈ স্মৃতিস্বৰূপে সৰু - সুৰা কেইপদমান বস্তু কিনি লৈছিলোঁ ৷ 
Saw Mill ৰ নির্দ্দিষ্ট এলেকাৰ পৰা ওলাই আহি কিছু নিলগত আমাৰ বাবে ৰৈ থকা 'ড্রাইভাৰ'জনক মনে মনে খঙত অগ্নিশর্মা হৈ থকা যেন অনুভৱ কৰিছিলোঁ ৷ আমাৰ দোষ আছিল সেই ঠাইত আমি লগাতকৈ বেছি সময় অতিবাহিত কৰিছিলোঁ ৷ 'ড্রাইভাৰ'জনক এওঁ কৈ দিছিল যে সময়ে যিমান কুলাব আমি সিমানেই চাম ৷ সি আৰু ওলোটাই একো উত্তৰ দিয়া নাছিল ৷ আমি গাড়ীখনত উঠাৰ পাছত মনে মনে গাড়ী চলাই গৈছিল ৷
'ড্রাইভাৰ'জনে এইবাৰ আমাক Corbyn  Cove Beach লৈ লৈ গৈছিল ৷ অতি সুন্দৰ আৰু মনোৰম Beach , দেখিয়েই ভাল লাগি গৈছিল ৷ চাৰিওফালে সুন্দৰ সেউজীয়া পৰিৱেশ , এফালে পাহাৰীয়া ঠাই আনফালে সাগৰৰ পানী ৷ তাত বহি চাৰিওফালৰ মনোৰম প্রাকৃতিক দৃশ্য চাই ওৰে দিনটো কটাই দিব পৰা যাব ৷ তাত আমাক এজন Speed Boat চালকে  Speed Boat ৰে এটা Water Ride ল'বলৈ অনুৰোধ কৰিছিল ৷ কথাই কথাই ওলাইছিল তাৰ পূর্বপুৰুষো হেনো 'কালাপানী'ৰ কয়দী আছিল ৷ পূর্বপুৰুষৰ ঠাই এৰি ক'লৈকো যোৱা নাই , সেয়েহে ইয়াত বর্তমান Season অনুযায়ী Water Ride কৰোৱাই জীৱন নির্বাহ কৰি আছে ৷ তাৰ কথাত পতিয়ন গৈ আমি দুখন Speed Boat 'বুক' কৰি লৈছিলোঁ ৷ এখনত মা , এওঁ আৰু ল'ৰাটো ; আনখনত দেউতা , মই আৰু ছোৱালীজনী ৷ Speed Boat খন যেতিয়া চলা আৰম্ভ কৰিছিল তেতিয়া বৰ ভাল লাগিছিল , তাৰ পাছত লাহে লাহে এনেকুৱা লাগিছিল যেন আমাৰ প্রাণবায়ু উৰি যাব ! অতি দ্রুত গতিৰে Speed Boat খন চলি গৈছিল ৷ কিছুপৰ পাছত গতি কমাই দি তাৰ পৰাই এফালৰ পৰা Snake Island খন চাবলৈ কৈছিল ৷ আমি Snake Island ত যোৱাৰ কথা কওঁতে তাত যোৱা নিষেধ বুলি জনাইছিল ৷ সেয়েহে আমি সেই দ্বীপৰ চাৰিওফালে পাক এটা মাৰিবলৈ কৈছিলোঁ , তেতিয়াও Snake Island ৰ সিটো পাৰে যোৱাত নিষেধাজ্ঞা আছে বুলি জনাইছিল ৷ কেৱল এটা নির্দ্দিষ্ট স্থানৰ পৰাই চোৱাৰ অনুমতি আছিল ৷ মনে মনে লৈ গ'লে চালকজনৰ 'লাইচেঞ্চ' বাতিল হ'ব বুলিও জনাইছিল ৷ সেয়েহে আমি তাক আৰু বেছি জোৰ দিয়া নাছিলোঁ ৷ পুনৰ প্রাণ উৰুৱাই নিয়া গতিৰে আমি পাৰ পাইছিলোঁগৈ ৷ এয়া আমাৰ বাবে এক ভিন্ন আৰু Adventurous অভিজ্ঞতা আছিল ৷ 
এইবাৰ Corbyn Cove Beach ৰ পৰা ওলাই খোৱা  - বোৱা কৰি সেই ঠাইৰ পৰা 'ড্রাইভাৰ'জনে আমাক ক'লৈ যাব ধৰিছিল গম পোৱা নাছিলোঁ ৷ আমি সোধাও নাছিলোঁ ৷ বাটেদি গৈ থাকোঁতে হঠাতে Sciene Centre দেখা পাইছিলোঁ ৷ কিন্তু 'ড্রাইভাৰ'জনে গাড়ীখন ৰখোৱা নাছিল ৷ ল'ৰা - ছোৱালীহালক Science Museum দেখুৱাটো জৰুৰী বুলি কোৱাতহে সি গাড়ীখন ৰখাই দিছিল ৷ তাৰ পৰা টিকট লৈ আমি Science Museum চাবলৈ সোমাই গৈছিলোঁ ৷ চশমা পিন্ধি দহ - পোন্ধৰ মিনিটৰ 3D Show এটাও চাইছিলোঁ ৷ Museum খন বন্ধ হ'বৰ সময় হৈছিল ৷ আমিও তাৰ পৰা ওলাই গাড়ীখনত উঠি Gandhi Park লৈ গৈছিলোঁ ৷ কিন্তু তেতিয়া তাত প্রৱেশ কৰাৰ সময় - সীমা ইতিমধ্যে ওকলি গৈছিল ৷ সেইবাবে পিছদিনা পুনৰ আহিম বুলি তাৰ পৰা উভতি আহিছিলোঁ ৷ লাহে লাহে সাগৰ তীৰৰ সুন্দৰ বাট - পদুলি চাই চাই উপভোগ কৰি 'হোটেল' আহি পাইছিলোঁ ৷
'হোটেল' আহি পাই জিৰাই - শঁতাই চাহ - জলপান খাই আমি পুনৰ 'হোটেল'ৰ আশে - পাশে ফুৰিবলৈ ধৰিছিলোঁ ৷ তেতিয়া তাত স্থানীয় বজাৰ বহিছিল ৷ বজাৰত পকা বগৰী , কেঁচা আম , সতেজ শাক -পাচলি দেখিবলৈ পাইছিলোঁ ৷ বগৰী দেখি লোভ লাগিছিল , সেয়েহে আধা কিলোগ্রাম কিনি লৈছিলোঁ ৷ তাৰ পাছত 'হোটেল'ৰ কাষত থকা দক্ষিণ ভাৰতীয় লোক এজনৰ বেগ , জোতা - চেণ্ডেল আৰু কাপোৰৰ সৰু দোকানখনত সোমাই গৈছিলোঁ ৷ দোকানখনৰ সকলো সামগ্রী সাগৰৰ সিটো পাৰৰ মূল ভূমিৰ পৰা অহা ৷ গতিকে কিনিবলৈ বিশেষ একো নাছিল ৷ আমি আচলতে স্থানীয় দোকানীজনৰ সতে কথা পতাৰ চলেৰে তাত সোমাই ইটো - সিটো বস্তু চাইছিলোঁ ৷ তাত  দোকানীজনৰ পুতেকটোও আছিল ৷ অষ্টম শ্রেণীত পঢ়ে , দিনত সি 'স্কুল'লৈ যায় আৰু গধূলি দোকানখনলৈ আহে ৷ সেই দোকানখনৰ পৰা আমি উপহাৰ দিব পৰাকৈ 'আন্দামান' লিখা কেইটামান T - Shirt কিনি লৈছিলোঁ ৷ তাৰ পাছত 'হোটেল'ত সোমাই ৰাতিৰ আহাৰ গ্রহণ কৰি দিনটোৰ সামৰণি মাৰিছিলোঁ ৷
'পোর্ট ব্লেয়াৰ' আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী ৷ 'হোটেল' কতৃপক্ষই সমগ্র 'পোর্ট ব্লেয়াৰ' ফুৰাবলৈ আমাৰ বাবে দুটা দিন নির্ধাৰিত কৰিছিল ৷ ইয়াৰ আশে - পাশে বহুকেইখন বিখ্যাত দ্বীপ আছে , সেইবোৰলৈ লৈ নগৈ 'পোর্ট ব্লেয়াৰ'তে দুটা দিন কটাই দিয়া বাবে আমাৰ প্রথমতে অলপ বেয়া লাগিছিল যদিও লাহে লাহে সেই ভুল ধাৰণা ভঙ্গ হ'বলৈ ধৰিছিল ৷ কাৰণ 'পোর্ট ব্লেয়াৰ'তো চাবলগীয়া বহুতো স্থান আছে ৷ আমি আন্দামান ফুৰিবলৈ সর্ব্বমুঠ ছয় দিন লৈছিলোঁ ৷ মাত্র ছয় দিনত সম্পূর্ণ আন্দামান ফুৰা অসম্ভৱ কথা ৷ তথাপিও কম সময়ত যিমান পাৰোঁ সিমান চোৱাই ভাল ৷ 'নাই মোমাইতকৈ কণা মোমাইয়ে ভাল ৷' 
সেইদিনা 'পোর্ট ব্লেয়াৰ' দর্শন কৰাবলৈ অহা 'ড্রাইভাৰ'জন অমায়িক যেন লাগিছিল ৷ মৃদুভাষী আৰু চেহেৰাত মিচিকিয়া হাঁহি বিদ্যমান আছিল ৷ সি আমাক প্রথমতে Zonal Anthropological Museum লৈ লৈ গৈছিল ৷  Museum খন তিনিমহলীয়া আৰু  আকাৰত বৰ ডাঙৰ আছিল ৷ তাত আমি বিভিন্ন ঐতিহাসিক সামগ্রীৰ সংগ্রহ দেখাৰ উপৰিও বিভিন্ন ঐতিহাসিক কথাৰ বিষয়েও অৱগত হৈছিলোঁ ৷  আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বসবাস কৰা লোকৰ জীৱনৰ উপৰিও বিভিন্ন জানিবলগীয়া ঐতিহাসিক তথ্যৰ বিষয়ে তাত জানিবলৈ পাইছিলোঁ ৷ তাতেই এটা কথা জানিব পাৰিছিলোঁ যে আন্দামানৰ স্থানীয় লোক অথবা পর্যটক নিকোবৰ দ্বীপলৈ যাব নোৱাৰে ৷ কিন্তু নিকোবৰবাসী আন্দামানলৈ অহা - যোৱা কৰিব পাৰে ৷ নিকোবৰৰ বাসিন্দাসকল দুই ধৰণৰ মঙ্গোলীয় জনগোষ্ঠীৰ লোক ; The Shompen আৰু The Negrito , যিসকল ষাঠিহাজাৰ বছৰ পূর্বে আফ্রিকাৰ পৰা আহিছিল বুলি ধাৰণা হয় ৷ 
Museum ৰ পৰা ওলাই আমি নাৰিকলৰ পানী খাইছিলোঁ ৷ তেনেতে নাৰিকলৰ বেপাৰীজনে সেই সময়ত সেই বাটেৰে যোৱা এজন নিকোবৰৰ বাসিন্দাক দেখুৱাই দিছিল ৷ সেই মানুহজন আমাৰ অসমৰ সাধাৰণ জনজাতীয় লোকৰ দৰেই আছিল ৷ 
নাৰিকলৰ পানী খাই এইবাৰ আমি 'গান্ধী পার্ক' অভিমুখে ৰাওনা হৈছিলোঁ ৷ এখন সৰু পাহাৰৰ সম্পুর্ণ এলেকা লৈ 'গান্ধী পার্ক' নির্মাণ কৰা হৈছিল ৷ তাত ল'ৰা - ছোৱালীৰ বাবে খেলা - ধূলা কৰাৰ বিভিন্ন সা - সৰঞ্জাম আছিল ৷ আমাৰ ল'ৰা - ছোৱালীহালে সেইবোৰত খেলি আনন্দ উপভোগ কৰিছিল ৷ সেই ঠাইৰ পৰা আমি ওপৰলৈ উঠি গৈ মহাত্মা গান্ধীৰ মূর্তি প্রতিষ্ঠা কৰি থোৱা ঠাইডোখৰলৈ গৈছিলোঁ ৷ আশে - পাশে সুন্দৰ সুন্দৰ ভিন্ন ৰঙী ফুলৰ ফুলনি আছিল ৷ সমগ্র পাহাৰখনতে বিভিন্ন প্রজাতিৰ গছ - গছনিও আছিল ৷ সেই সুন্দৰ পৰিৱেশে আমাৰ মন কাঢ়ি নিছিল ৷ সেই পাহাৰৰ এফালে প্রকাণ্ড পুখুৰী এটাও দেখা পাইছিলোঁ ৷ পুখুৰীটোৰ চাৰিওফালে আমি লাহে লাহে খোজ কাঢ়িবলৈ ধৰিছিলোঁ ৷ পুখুৰীটোৰ এফালে ডাঙৰ আৰু গভীৰ হাবি এখন থকা যেন লাগিছিল ৷ বনৰীয়া জীৱ - জন্তু ওলাই আহিব বুলি আমি ভয় খাইছিলোঁ যদিও তাৰ এটা চুকত এহাল কলেজীয়া ল'ৰা - ছোৱালীক বহি থকা দেখি আমাৰ মনৰ ভয় কিছু কম হৈছিল ৷ পুখুৰীটোৰ পাৰৰ এফালে ঘাঁহ - বনেৰে ঢাক খাই থকা Bunker এটাও দেখা পাইছিলোঁ ৷ সেই Bunker টোৰ বিষয়ে তাত কিন্তু একো লিখি থোৱা নাছিল ৷ পুখুৰীটোৰ চাৰিওফালে খোজ কাঢ়ি কাঢ়ি এটা সময়ত আমি ভাগৰি পৰিছিলোঁ ৷ পুখুৰীটোৰ পৰিসীমা ইমান ডাঙৰ আছিল যে আমি খোজ কাঢ়ি শেষ কৰিব পৰা নাছিলোঁ ৷ লাহে লাহে এটা সময়ত আমি তাৰ পৰা ওলাই আহিছিলোঁ ৷
তাৰ পাছত 'গান্ধী পার্ক'ৰ বাহিৰত ভজা - পুৰা খাদ্য খাই 'ড্রাইভাৰ'জনক আমি Cellular Jail ৰ ফালে লৈ যাবলৈ কৈছিলোঁ ৷  'চেলুলাৰ জেল'খনৰ আশে - পাশে ফুৰি তাৰ পৰা চমু বাটেৰে তললৈ নামি আহি 'চেলুলাৰ জেল'ৰ নিচেই কাষত থকা 'বীৰ সাৱাৰকাৰ পার্ক'লৈ আহিছিলোঁ ৷ 'বীৰ সাৱাৰকাৰ পার্ক'ৰ নিচেই কাষত আছে The Andaman Water Sports Complex , যাক Rajiv Gandhi Water Sports Complex বুলিও জনা যায় ৷ 'বীৰ সাৱাৰকাৰ'ৰ নামত থকা  সুন্দৰ আৰু সৰু উদ্যানখনত  সৰু ল'ৰা - ছোৱালীৰ বাবে চাইকেল চলাবলৈ দুখনমান চাইকেলো ৰাখি থোৱা আছিল ৷ তাত চাইকেল চলাবলৈ অনুমতি পোৱা ল'ৰা - ছোৱালীৰ বয়স নির্দ্দিষ্ট কৰি থোৱা আছিল ৷ সেইমতে আমাৰ ল'ৰাটোৰ বয়স ওকলি গৈছিল ৷ ছোৱালীজনীয়ে সেই উদ্যানৰ নির্দ্দিষ্ট এলেকাত দুপাকমান চাইকেল  চলাইছিল  ৷ চাইকেল চলাবলৈ দিয়া নির্দ্দিষ্ট বাটটোত 'ট্রাফিক লাইট'  লগোৱা আছিল আৰু তাত এজন 'ট্রাফিক পুলিচ' আছিল ৷ তেওঁ চাইকেল চলোৱা সৰু ল'ৰা - ছোৱালীবিলাকক 'ট্রাফিক  লাইট'ৰ বিষয়ে 'প্রেক্টিকেল' জ্ঞান দিছিল ৷ ছোৱালীজনীয়ে চাইকেলখন কেইপাকমান চলোৱাৰ পাছত কিনকিনীয়াকৈ বৰষুণ পৰিবলৈ ধৰিছিল ৷ আমি বৰষুণ নপৰা ঠাই বিচাৰি The Andaman Water Sports Complex ৰ কার্য্যালয়ৰ বাহিৰত কিছুপৰ ৰৈ দিছিলোঁ ৷ কিছুসময় পাছতে বৰষুণ এৰিছিল ৷ বৰষুণ এৰাৰ পাছত বতৰ ফৰকাল হৈ  গৈছিল ৷ ইতিমধ্যে সন্ধিয়া নামিছিল ৷ 'বীৰ সাৱাৰকাৰ পার্ক'ৰ ঠিক সমুখত থকা আলিবাটৰ সিটো পাৰে সাগৰৰ তীৰ আছিল ৷ তাৰ এফালে Memorial for the Battle of Aberdeen ৰ স্মৃতিস্তম্ভ আছিল ৷ আমি তাৰ আশে - পাশে অলপ পৰ ফুৰিছিলোঁ ৷ তাৰ পাছত  সাগৰ তীৰৰ মৃদু মলয়া বতাহত আমি কিছুপৰ খোজ কাঢ়িছিলোঁ ৷ দৈনন্দিন ব্যস্ততাৰ পৰা দূৰত সাগৰ তীৰত মুকলি আকাশৰ তলত খোজ কাঢ়ি এক অনাবিল আনন্দ উপভোগ কৰিছিলোঁ ৷ লাহে লাহে ৰাতি হ'বলৈ ধৰিছিল আৰু পুনৰ কিনকিনীয়াকৈ বৰষুণ পৰিব ধৰিছিল ৷ আমিও গাড়ীখনত উঠি 'হোটেল'লৈ ৰাওনা হৈছিলোঁ ৷  'হোটেল'খনত সোমাই ৰাতিৰ আহাৰ গ্রহণ কৰি দিনটোৰ সামৰণি মাৰিছিলোঁ ৷ পিছদিনা দোকমোকালিতে  আমি Baratang লৈ যোৱাৰ কথা আছিল ৷


পৃষ্ঠা ৩১
নীলাখামৰ চিঠিঃ
        
অনুৰণ
              অনুৰণ, কেনে আছা তুমি ? ভাল চাগে ? বহুবছৰ পিছত আজি তোমালৈ চিঠি এখন লিখিবৰ মন গ'ল। বহু কথাই যে ভিৰ কৰি থাকে বুকুৰ মাজত তোমাক ক'বলৈ । কিন্তু চিঠি লিখা নহয় । কোনোবা এটা ৰৌদ্ৰোজ্জ্বল  দুপৰীয়া মোৰ চিঠিখন যেতিয়া তোমাৰ হাতত পৰিব তুমি চাগে চক খাই উঠিবা । বাৰে বাৰে জুমি জুমি চাবা নামটো । হয় অনুৰণ চিঠিখন ময়ে পঠাইছোঁ তোমালৈ । বহু কেইটা শিত বহু কেইটা বসন্তৰ পিছত । কেতিয়াবা জানিবৰ মন যায় তুমি কেনে আছা ? মোৰ ভাৱনাৰে ভৰাই ৰাখিছা নেকি এতিয়াও তোমাৰ বৰ্ণিল দিনলিপি ? কবিতা লিখা নে তুমি আজিও ? সেই যে তোমাৰ কবিতা শুনি ভৰি আহিছিল মোৰ দুচকু। ইমান বেদনাগধূৰ কবিতাবোৰ কিয় লিখিছিলা তুমি ?কেতিয়াবা জানিবৰ মন যায়  কেনে আছা তুমি আৰু তোমাৰ কবিতা ?
এটিয়াও চকুৰ পটাত ফুলি আছেনে জাপ জাপ কবিতাৰ সপোন ?
ৰাতিৰ বুকুত কান থৈ আজিও শুনানে নিঃশব্দ নিজৰাৰ গান ?
বহুত দিনেইটো হ’ল তোমাক নেদেখাৰ ৷
অনুৰণ, মনত পৰেনে তোমাৰ ? কৈছিলা তুমি ….
তোমাৰ এটি হাঁহি 
যিয়ে পাৰ কৰাই অযুত উজাগৰী ৰাতি ৷
তোমাৰ সেই কথাই বোৱাই আনিছিল হৃদয়লৈ জোনাকৰ ঢল ৷ উৰুৱাই আনিছিল ভাৱনাৰ সহস্র নীলাভ চৰাই ৷
তুমি মোক ভালপাওঁ বুলি কোৱাৰ দিনা মই কান্দিছিলো,
মই হাঁহিছিলো, মই হেঁপাহত ডুবিছিলো ৷ আৰু এদিন এটা ছাইৰঙী আবেলি তোমাৰ পৰা বিদায় লৈ মই গুচি আহিছিলো। সপোনৰ সোণালী দবাত উঠি 
কোনো দূৰ প্রান্তলৈ।
সিদিনা তোমাৰ উদাস দুচকুত পঢ়িছিলোঁ এটা শূন্যতাৰ কবিতা ৷ তুমি ৰৈ গ'লা তাতে …
হৈ এটা বসন্তৰ সেউজীয়া ষ্টেচন ।
মই যে আহিবয়ে লাগিব 
মোৰ বুকুৰ গভীৰত আছিল যে অনামী যাত্ৰাৰ
এক শীতাৰ্ত টিকেট  ৷

প্ৰীতিৰেখা দাস
বাংগালোৰ 
ফোন_৮১০৫২৫২৩৫০

পৃষ্ঠা ৩২
নীলাখামৰ চিঠিঃ

মৰমৰ 
     দিপু,
            এধানি মৰম যাচিলোঁ হৃদয়ৰ পৰা সাদৰেৰে গ্ৰহণ কৰিবা। বহুদিন হ'ল তোমাৰ খবৰ নোপোৱা ৷ আশাকৰো তোমাৰ ভাল, কিয় বা নহ'ব তোমাৰ ভালৰ বাবেই মই প্ৰতিদিনেই মূৰ দোৱাওঁ প্ৰভুৰ চৰণত৷ তোমাৰ পৰা অনাকাংক্ষিত ভাৱে আঁতৰি অহাৰ বাবে মোৰ ওপৰত তোমাৰ বহুত অভিমান চাগে নহয় ? থাকক দিয়া অভিমানবোৰ মোৰ নামৰ৷ মনৰ ভিতৰত বহুতো কথাই উৎপীড়ন লগাই থকাৰ বাবে আজি মোৰ নীলাখামৰ চিঠিখনৰ ভাঁজত অপ্ৰাপ্তিৰ অলপ হৃদয়ৰ নীলা অনুভৱ গুজি দিলোঁ৷ আশা কৰোঁ তুমি আঁকোৱালি ল'বা৷ 
                  তোমাক ভালপোৱাৰ পৰাই হেৰুৱাৰ ভয়ে দহি দহি মাৰিছিল মোক ৷ তুমি মোৰ হৈও মোৰ হোৱাৰ পৰা বঞ্চিত হৈছিলা৷ ভগৱানৰ পৰা আজিলৈ একো বিচৰা নাছিলো মাথোঁ নিজৰ কৰ্তব্য কৰি গৈছিলোঁ ৷ সপোন এটাই আছিল তোমাক জনম জনমৰ বাবে মোৰ কাষত পোৱা। তোমাৰ হোৱাৰ হেঁপাহে দহিছিল প্ৰতিপল, প্ৰতিক্ষণ ৷ তোমাৰ নামতেই হৃদয়ত সৰিছিল এজাক সাৰুৱা ভালপোৱাৰ৷ সপোনে দিঠকে মাত্ৰ তোমাৰ অনুভৱত ডুব গৈছিলো দীপু ৷ তুমি নুবুজিবা মোৰ অন্তঃহীন আকাংক্ষা, তোমাক পোৱাৰ অভিপ্ৰায় ৷ অপ্ৰাপ্তিৰ ভৰত হেৰুৱাই পেলালো নিজস্বতা, হেৰুৱাই পেলালো হেঁপাহ জীয়াই থকাৰ, হেৰুৱাই পেলালো জীৱন জীয়াৰ সপোন ৷ জীৱনৰ সমস্ত সুখৰ ঠিকনা তোমাতেই হেৰুৱাই মৃতপ্ৰায়  হৈ পৰিছিলোঁ৷ কি কৰা নাছিলো তোমাক পাবলৈ - সকলো  আন্তৰিকতা, হৃদয়ৰ এবুকু সঁচা ভালপোৱা কেৱল তোমাৰ নামৰ, তোমাৰ নামত হৃদয়ৰ মনিকোঠাত জ্বলাইছিলো সপোনৰ প্ৰদীপ৷ 
                    কিন্তু তোমাক হেৰোৱা ক্ষণৰ পৰা তোমাক পাহৰি যাবলৈ ভয়ঙ্কৰ একুৰা জুইত আত্মজাহ গৈছিলো ৷ নাই মই নোৱাৰিলো , বাৰে বাৰে তোমাৰ শব্দবোৰে মোৰ মগজুক আক্ৰান্ত কৰিলে। তোমাৰ মায়ায়ে নিদিলে জাহ যাবলৈ৷ মই অবুজন হৈ পৰিছিলো অপ্ৰাপ্তিৰ ভৰত ভাৰাক্ৰান্তহৈ এটা জড় হৈ পৰিছিলোঁ ৷ কিয় বাৰু সময় ইমান নিষ্ঠুৰ ? কিয় বাৰু ৰৈ নগ'ল সময় এখন্তেক ? পদপথত তোমাক বিচাৰি হাবাথুৰি খাওঁ তেতিয়া৷ এবাৰ জুমি চোৱাচোন মোৰ তেজ ৰঙা কেঁচা কলিজাখনি, তুমি বিচাৰিফুৰা বাউলি প্ৰিয়াজনী , স্বপ্নাতুৰ ‌মই জনী৷ নোপোৱাৰ মাজতো বিচাৰি ফুৰোঁ সদায় জীৱন গণিতৰ নিমিলা অংকবোৰ, অপ্ৰাপ্তিবোৰত যিদৰে বিচাৰি ফুৰোঁ তোমাৰ সঁহাৰিবোৰ৷ দুদিনীয়া জীৱনৰ পমখেদি সময়ে নিদিলেও হৃদয়ে জোৰ-জোলোম কৰে তোমাৰ ঠিকনা বিচাৰি৷ আমি কৰা নাছিলো ভালপোৱাৰ দলিলত চুক্তি তথাপি যেন এজাক কাল ধুমুহাই ধুই নিলে মোৰ তেজাল হৃদয়খনি৷ তুমি মই আমি নোহোৱা বাস্তৱে কাঢ়ি নিলে জীয়াই থকাৰ মাদকতা৷ তোমাৰ দুচকুত আজিও দেখোঁ মোৰ মনৰ দোলনিত দেও দি যোৱা হেঁপাহৰ ৰঙচুৱা সপোনজাক। যদিও চুৰমাৰ হ'ল সপোনৰ কাৰেং তথাপি মন সাজিবলৈ কল্পনাৰ আল্পনা ৷ মোক মাথোঁ তোমাৰ হৃদয়ৰ কোণত এটি ওঁৱলি যোৱা পঁজা সাজি দিয়া অদৃশ্যকৈ য'ত হেজাৰ ধুমুহাৰ মাজতো জীয়াই থকাৰ কিঞ্চিত সাহস পাওঁ৷ তাতেই বাট চাম তুমি উভতি অহাৰ সময়লৈ জনম জনমলৈ ৷
     
ইতি
তোমাৰ.....
নকওঁ দিয়া তুমি চাগৈ জানিছাই

অনামিকা শইকীয়া
যোৰহাট

পৃষ্ঠা ৩৩
অনুভৱঃ

চিন্তন : সময়ৰ গতিয়ে মনলৈ অনা
কিছু অনুভৱ...

নিৰুপমা ডেকা

১) ডাঙৰক সন্মান কৰিলে বয়সত সৰুবোৰ জ্ঞান গৰিমাত সৰু হৈ নাযায় ৷
২) আনৰ মতক সন্মান জনালে নিজৰ মতক ম্লান কৰা নুবুজায় ৷
৩) আত্মস্বাৰ্থত আনৰ অহিত কৰিব পৰাকৈ আত্মবিশ্বাসী হৈ উঠাজন সমাজৰ বাবে আত্মঘাতী বোমাৰুতকৈ কম বিধ্বংসী নহয় ৷
৪) নিজৰ সন্তানক ঘৰখনত এনে এটা স্থানত ৰাখক য’ৰ পৰা সিহঁতে ঘৰখনৰ আন সদস্য সকলৰ স্থান আৰু মান স্পষ্ট দেখে ৷
৫) বয়োজ্যেষ্ঠ সকলৰ সকলো নিয়ম অবৈজ্ঞানিক নহয় ৷ তেনে নিয়মবোৰৰ শুদ্ধ বিশ্লেষণৰ দ্বাৰা নিজে প্ৰভাৱিত হোৱাৰ লগতে আনকো প্ৰভাৱিত কৰক ৷
৬) শিশুবোৰক সিহঁতৰ শৈশৱবোৰ উভতাই দিবলৈ পাৰ্যমানে চেষ্টা কৰক ৷
৭) মোবাইলটো শিশুৰ হাতৰ পৰা আঁতৰাই আপোনাৰ হাতখন তাৰ আঙুলিত গুজি দিয়ক ৷ অনলাইন গেমবোৰ পাহৰি যোৱাৰ বাবে অফলাইনত আপুনি পৰাখিনি সঙ্গ দিয়ক ৷
৮) কেৱল উপদেশ নহয় আদৰ্শ হৈহে শিক্ষা দিয়ক ৷ 
৯)নৈতিকতাৰ আদিপাঠবোৰ শিকাওক, যিবোৰ শিক্ষাই মানুহক মানুহৰ চৰিত্ৰৰ ভিতৰত বান্ধি থয় ৷
১০)আনক দোষ দি থকাতকৈ নিজৰ দোষ বিশ্লেষণত বেছি সময় খৰচ কৰি তাক শুধৰোৱাৰ বাবে অধিক সক্ৰিয় হওক ৷
১১)মোৰ জীৱন মই যি কৰোঁ ধাৰণাটোৱে মানুহক ধনাত্মক শক্তি দিয়াৰ দৰে ঋণাত্মক শক্তিও দিয়ে ৷ গতিকে মোৰ জীৱনত মই ভালপোৱাবোৰ কৰিবলৈ যোৱাৰ সময়ত মোৰ চৌপাশে যে বহু মানুহ আছে এবাৰ অনুভৱ কৰক আৰু সেই মানুহবোৰৰ যাতে মই কৰা কামটোৰ প্ৰভাৱত ক্ষতি নহয় সেই সাৱধানতা অৱলম্বনেৰেহে কামটো কৰক ৷
১২)জীৱনক ভাৰতীয় পৰম্পৰাৰ মূল্ মন্ত্ৰ আধ্যাত্মিকতাৰে সুন্দৰ আৰু শৃংখলাবদ্ধ কৰক ৷ সভ্যতাৰ বিকাশ সমাজ আৰু মানৱৰ সুশৃংখলিত জীৱন যাপনৰ বাবেই হৈ আহিছিল ৷ ইয়াক পুনৰ বৰ্বৰতাৰ দিশলৈ লৈ যোৱা সকলক প্ৰতিৰোধৰ বেৰ দিবলৈ জীৱনক উৎসাহিত কৰক ৷ আপুনি নিজে প্ৰথমতে নিজক সংস্কাৰ কৰক তাৰ পিছতহে আনক কওক ৷

উপৰোক্ত কথাবোৰ নিজৰ জীৱনৰ পাথেয় কৰিবলৈ হ’লে নিজৰ আত্মোপলব্ধিত কিছু সংশোধন কৰিব লাগিব আৰু সেইখনি কৰিবলৈ হ’লে তলৰ কথাখিনিত অলপ নিজকে উৎসৰ্গা কৰিব লাগিব ৷ কিদৰে এই পথ পাম তাক চিন্তা কৰোঁতে মোৰ মনলৈ আহিছেএটা সুন্দৰ বিষয়--
"হৃদয়ৰ উত্তৰণত আধ্যাত্মিক শিক্ষা আৰু ইয়াৰ সামাজিক প্ৰভাৱ" | 
এই বিষয়ৰ ওপৰত মোৰ সামান্য চিন্তা আপোনালোকলৈ বুলি  আগবঢ়াই দিলোঁ | 
আধ্যাত্মিকতাবাদী দৰ্শনে বিশ্বাস কৰে জগতৰ মূল সত্তা হ'ল আধ্যাত্মিকতা | উইলিয়াম জেমছ্‌ৰ মতে আধ্যাত্মিকতাবাদ হৈছে এক সনাতন নৈতিক বিধি | বিবেকানন্দৰ মতে প্ৰত্যেক আত্মাই মূলতে ঐশ্বৰিক | আধ্যাত্মিকতাত আচলতে ব্যক্তিৰ আত্মউপলব্ধি হোৱাটোই শিক্ষাৰ লক্ষ্য হোৱা উচিত | উইলিয়াম জেমছ্‌ৰ মতামতক অগ্ৰাধিকাৰ দি ময়ো ক'ব খোজো যে আধ্যাত্মিকতা হৈছে এক সনাতন নৈতিক বিধি | ই এটা মানসিক প্ৰক্ৰিয়া | এই নৈতিক বিধি সমূহৰ অনুকৰণে এজন মানুহক হৃদয়বান কৰি তুলিব পাৰে | অৰ্থাৎ আধ্যাত্মিকতাৰ সৎ ব্যৱহাৰে মানুহৰ হৃদয়ৰ উত্তৰণ ঘটাব পাৰে | আধ্যাত্মিকতাৰ সৎ ব্যৱহাৰ বুলি এই বাবেই ক’লোঁ যে আজিকালি ধৰ্মক আধ্যাত্মিকতাৰ লগতে সাঙুৰি মানুহৰ মন মগজুত অন্যধৰণৰ চিন্তা সুমুৱাই দিয়া হৈ আছে আৰু ইয়ে হৃদয় বোৰক উদাৰ কৰাতকৈ ঠেক কৰি পেলাইছে | দেখাত অতি সজ্জন আৰু নৈতিক বিধি সমূহক প্ৰতিপাল কৰি চলা বহু আধ্যাত্মিক গুৰুৱে মানুহৰ হৃদয়ৰ উত্তৰণতকৈ ধৰ্মৰ উত্তৰণত মনোনিবেশ কৰা দেখা যায় | সেয়ে আধ্যাত্মিকতাক ধৰ্মৰ গোড়া নীতিত নাৰাখি বহল পৰিসৰত ব্যৱহাৰ কৰিলে ই মানুহৰ নৈতিক দিশবোৰৰ স্খলন ৰখোৱাৰ এটা সুন্দৰ অৱলম্বন হ'ব পাৰে | আৰু ইয়াৰ জৰিয়তে হৃদয় জ্যোতিষ্মান হৈ পৰিব | ই হৃদয় উত্তৰণৰ এক বৃহৎ আহিলা বুলি ক’ব পাৰি |
বৰ্তমান সময়ৰ চিন্তাধাৰাত নৈতিক অধপতন অহা বাবেই বহু সমস্যাই মানুহক ঠেকি পেলাইছে | সৰুৰেপৰাই শিশুসকলক প্ৰতিযোগিতাৰ মনোভাৱ দি ডাঙৰলৈ একোটা উৎকৃষ্টমানৰ মানৱতাহীন মানৱ যন্ত্ৰলৈ ৰূপান্তৰিত ঠিকেই কৰে পিছে উৎকৃষ্ট মানুৱতাপূৰণ মানুহ বনাবলৈ অলপো আধ্যাত্মিকতাৰ শিক্ষা নিদিয়ে |
মানৱতাক জীৱনৰ সৰ্বোৎকৃষ্ট ধৰ্ম বুলি গণ্য কৰা জনে বিপথে পৰিচালিত হৈ নিকৃষ্টমানৰ কাম কৰিব কেতিয়াও নোবাৰে | এজন মানুহৰ অন্তৰত মানৱতাৰ বীজ ৰোপন কৰিব পাৰিলে এই বীজে গছ হৈ জীৱনবোৰক প্ৰশান্তিৰ ছাঁ দিব আৰু ইয়াৰ সুফলে সকলো ধৰ্মকে সাঙুৰি মানুহৰ হৃদয়ৰ উত্তৰণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস | সকলো
মানুহে সকলো মানুহৰ প্ৰতি সহমৰ্মিতাৰে, সুহৃদয়তাৰে, মৰম আৰু শ্ৰদ্ধাৰে, উদাৰতাৰে চাব পৰা হ'লেই সমাজৰ এক নতুন ৰূপ আহিব মানুহবোৰ জীৱনৰ প্ৰতি, সমাজৰ প্ৰতি দায়বদ্ধ হ’ব আৰু সহনশীল হ’ব৷

এই গুণবোৰ আহিব এখন নিকা হৃদয়ৰ পৰা
আৰু এখন নিকা হৃদয় গঢ় ল'ব এটা সুস্থ আৰু নৈতিক বিধিগত আধ্যাত্মিক শিক্ষাৰ জৰিয়তে ৷

পৃষ্ঠা ৩৪
শিশু বিশেষঃ 

আপোনাৰ শিশুটিক
মুক্ত মনেৰে ডাঙৰ হ'বলৈ দিয়ক

কৌশল্যা বৰা
দেৰগাঁও, ফোনঃ 6002524697

ঘৰখনৰ বা সমাজৰ কিছুমান ভুল, দোষৰ বাবে বাল্যকালত বহুতো শিশুৰ স্বভাৱত ইৰ্ষা, লাজ, ভয়, সংকোচ ভাবৰ সৃষ্টি হয় আৰু এই ভাববোৰে শিশুৰ শিক্ষা-দীক্ষা আদিত কু-প্ৰভাৱ পেলোৱা দেখা যায়। শিশু অৱস্থাতে যদি মনত লজ্জাবোধ, ইৰ্ষা, সংকোচভাবৰ সৃষ্টি হয় তেতিয়া তেনে শিশুৱে খেলা-ধুলা কৰাত বা নিজৰ অনুভূতি প্ৰকাশ কৰাত ব্যৰ্থ হয়, যাৰ ফলত শিশুৰ সৰ্বাংগীন বিকাশত বাধা হয়। লাজ ভাবে ভয়, উদ্বেগ, অশান্তি, অস্বস্তি আদিৰ সৃষ্টি কৰে। শিশুৱে যাতে তাৰ কোমল মনত লাজ ভাবৰ গঢ় নিদিয়ে তাৰ বাবে বিশেষকৈ অভিভাৱক আৰু শিক্ষকসকল সচেতন হ'ব লাগে। শিশুৰ কামক সদায় প্ৰশংসা কৰিব লাগে। কেতিয়াও শিশুক নিৰুৎসাহজনক মন্তব্য দিব নালাগে। শিশুৰ আত্মপ্ৰত্যয়ৰ ধাৰণাক কেতিয়াও অৱহেলা কৰিব নালাগে। লাজকুৰীয়া শিশুৰ শাৰীৰিক, মানসিক আৱেগিক আদি দিশৰ বিকাশত বাধা আহি পৰে। কেতিয়াবা মনত ভয়, শংকাৰ সৃষ্টি হৈ পলায়নবাদী মনোভাবৰ সৃষ্টি হয়। গতিকে লাজকুৰীয়া স্বভাৱ যাতে শিশুৱে বেছিকৈ গ্ৰহণ নকৰে তাৰবাবে অভিভাৱকসকলে কিছুমান দিশত চকু ৰখা ভাল। সংক্ষেপে দুটামান উল্লেখ কৰিলো। 
১) শিশুৰ বাবে যিদৰে অতিমাত্ৰা নিয়ম ভাল নহয়। ঠিক তেনেদৰে অতিমাত্ৰা মৰমো ভাল নহয়। অতিমাত্ৰা মৰম কৰি সকলো কাম কৰি দিলে শিশুৰ স্বাভাৱিক স্বাধীনতা আৰু স্বত:স্ফূৰ্ত বিকাশত বাধা পৰে। 
২) এনে শিশুক মুকলিমুৰীয়াকৈ খেলা-ধূলা কৰিবলৈ, কথা-বাৰ্তা পাতিবলৈ দিব লাগে।
 ৩) শিশুৰ লগত সদায় শিশুসূলভ আচৰণ হে কৰিব লাগে। 
৪) শিশুৰ গাৰ ৰং, শৰীৰৰ আকাৰ, ভাল বেয়া গুণক লৈ সিহঁতে মনত দুখ পোৱাকৈ কোনো মন্তব্য 
কৰিব নালাগে। বৰঞ্চ সকলোৱেই সহযোগিতাৰে মিলি-জুলি থাকিবলৈ শিকাব লাগে। আকৃতিগত প্ৰাৰ্থক্যবোৰ যে স্বাভাৱিক সেই কথা সুন্দৰকৈ বুজাই দিব লাগে। শিশুক যিকোনো পৰিস্থিতিত খাপ খাব পৰাকৈ গঢ়ি তুলিবলৈ হ'লে অতিমাত্ৰা নিয়ম বা অনুশাসনৰ মাজতো বন্দী কৰি ৰাখিব নালাগে। 
৫) বিশেষকৈ শাৰীৰিক ভাৱে বাধাগ্ৰস্ত শিশুৰ প্ৰতি পৰ্যাপ্ত আদৰ-যত্ন, মৰম, সহানুভূতি থকাৰ উপৰিও তেওঁলোকৰ কৰিব পৰা কামবোৰ সুন্দৰ ভাৱে কৰিবলৈ দি অনুপ্রাণিত কৰিব লাগে। 
৬) বিদ্যালয়ত শিক্ষকে সকলো শিশুকে সমদৃষ্টিৰে চাই অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়ৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, কাৰ্যসূচীত
অংশ ল'বৰ কাৰণে উৎসাহ যোগাব লাগে। অন্যথা লাজকুৰীয়া শিশুৱে অন্য শিশুৰ লগত দলগত কামবোৰত অংশগ্ৰহণ নকৰি সদায় পিছপৰি থাকিব, ফলত তেনে শিশুৰ সুস্থ আৱেগিক বিকাশ নহ'ব। 
      এতিয়া আহোঁ আন এটা সৰু প্ৰসংগলৈ। প্ৰসংগটো উল্লেখ কৰাৰ আগতে আমাৰ সমাজত সঘনাই শুনি অশান্তি লগা কেইটামান প্ৰশ্ন তুলি দিলোঁ-
-' এ বাপেক-মাক দুয়োটা বগা ছোৱালী জনী কলী হ'ল যে-'। -'যিমান পঢ়ক অমুকৰ পুতেকৰ লগত ফেৰ মাৰিব নোৱাৰে দেই কোনেও।'-'কি অ' তোক মাৰ-দেউতাৰে একো খাবলৈ নিদিয়ে নেকি তেনেই হাড়ে-ছালে ওলাইছে যে ?'
-' ইমান ডাঙৰ হ'লহি ভালকৈ কথা এটাও ক'ব নোৱাৰে।' -'বাপেকেই চামোন পুতেক নহ'ব কেলেই।' কৈশোৰ কালত ছোৱালীৰ গালত পিম্পলচ্ এটা উঠিও তত্ নাপাই। সন্মুখতে দেখা পাইও তাইক শোধে-'এহ্ এইবোৰ কি উঠিছে ? অমুকটো লগাবা তমুকটো লগাবা, ছোৱালী মানুহ গাল দুখন তেনেই বেয়া হৈ গ'ল দেখোন-।' কি উত্তৰ দিব সেই অবোধ ছোৱালীজনীয়ে-! 
উত্তৰ দিয়াৰ উপায় নাপাই শেষত তাই মানুহৰ আগলৈ নোলোৱা হয়। ইত্যাদি অলেখ এবুৰি কথা শিশুক লৈ শুনা যায়। কেতিয়াবা আকৌ বহু পিতৃ-মাতৃয়েও কোৱা শুনো-'বৰ লাজ বুইছে মানুহৰ আগলে একদম নোলাই।'  সচেতন মহলৰ বাদে আমাৰ মাজৰে একাংশ লোকৰ এনেধৰণৰ নকলেও চলি যোৱা বহুত অলাগতিয়াল কথা বা মন্তব্যই শিশুৰ মনত বেয়াকৈ প্ৰভাৱ পেলাই। শিশুৰ মনত মানুহৰ প্ৰতি ধাৰণা সলনি হয়। লাজকুৰীয়া শিশুৰ লাজ বাঢ়ি যায়। আত্মপ্ৰত্যয়ৰ ভাব কমি যায়। বয়স্ক জনৰ
মুখত শুনা বিৰূপ মন্তব্য বা  সমালোচনা কৰাটোৱে শিশুৰ মানসিক জগতত বিস্তৰ ক্ষতি কৰে। গতিকে, শিশুৰ মনত গঢ়ি উঠা আত্মপ্ৰত্যয়ৰ ভাব সম্বন্ধে পিতৃ-মাতৃ বা বয়স্কসকলে অৱহেলা বা অৱমাননা নকৰি সেই ভাবৰ সুস্থ বিকাশ হোৱাৰ প্ৰতিহে গুৰুত্ব দিব লাগে। শিশুৰ কোমল মনত যাতে বয়স্কসকলৰ কথা বা কামে কোনোধৰণৰ পলায়নবাদী মনোভাবৰ সৃষ্টি নহয় তাৰ প্ৰতি সদা সচেতন হ'ব লাগে। সচেতন লোকসকলে এনে বিৰূপ মন্তব্য শুনিলে স্পষ্টভাৱে তেনেলোকক প্ৰতিবাদ কৰি তাৰ কুফল বুজাই দিয়াৰ চেষ্টা কৰিব লাগে। যিকোনো স্তৰৰ শিশুৰ আৱেগিক, সামাজিক, মানসিক, বৌদ্ধিক আদি দিশৰ বিকাশ সাধন কৰিব পাৰিলেহে ভৱিষ্যতৰ আমাৰ সমাজখনৰ সৰ্বাংগীন উন্নতি আশা কৰিব পাৰিম।

পৃষ্ঠা ৩৫
গল্পঃ

আইনাৰ টেবুল

পল্লৱী কৌশিক শৰ্মা
নগাঁও

: ঐ , বেছি উৎপাত হৈছে দেই তহঁত দুটাৰ । এনেকুৱাকে দিম নহয় ! মা কি বস্তু বুজি পাই যাবি ৰহ' । 

কামৰ মাজে মাজে ফুকননীয়ে বাঘৰ আগ তেল খোৱা ল'ৰা ছোৱালী দুটাক শান্ত হৈ থাকিবলৈ সকিয়াই আছে । বয়সত ছোৱালীজনী আঠ বছৰীয়া আৰু ল'ৰাটো এইবাৰ পাঁচত সোমাইছে ।

: ঐ গৈছোঁ ৰহ' । অলপো কথা নুশুনে অ' ইহঁতে দেখিছনে বাৰু। ঐ পোৱালীহঁত ঠিকছে পাবি দেই । কৈ দিছোঁ হ'লে । 

মানুহজনীৰ কামৰ লগে লগে মুখ খনো সমানে চলি আছে । বাৰে বাৰে ৱাৰনিঙ দি আছে তেওঁ দুইটা ল'ৰা ছোৱালীকে। পিছে জীয়েক পুতেকৰ উদ্ভণ্ডালি কমাৰ লক্ষণেই নাই । এপাকত ঝাড়ুটো লৈ ড্ৰয়িং ৰুমটো ঝাড়ু দিওঁ বুলি সোমাওতেই তীব্ৰবেগে দৌৰি অহা পুতেকৰ ঠেলাত, চ'ফাৰ লগত সজাই ৰখা ক'লা ৰঙৰ আইনাৰ ধুনীয়া চেণ্টাৰ টেবুলখন বাগৰি  চনচনাই উঠিল । বুকুখন চিৰিঙকৈ মাৰিল ফুকননীৰ । ঝাড়ুটো ঠাইতে পেলাই একে দৌৰে সেইখিনি পালেহি তেওঁ । টুকুৰা টুকুৰ হৈ পৰি থকা আইনাবোৰৰ মাজত পাঁচ বছৰীয়া পুতেকটোয়ে ভে.. ভে কৈ মুখ খন মেলি পৰি আছে । মানুহগৰাকীয়ে পুতেকক কোলাত লৈ ধৰফৰাই উঠিল ..

: অ' মোৰ গোঁসাই পোৱালীটো.. । দুখ পালি নেকি অ' ক'ৰবাত বোপাইটো অ'। ইস.. ইস..কপাল ভাল আছিল চকুৱে কাণে যে ভগা গ্লাছবোৰ নোসোমাল । হে' ঈশ্বৰ...।

ল'ৰাকণক লুটিয়াই বগৰাই চাই , ক'তো জখমৰ চিন দেখা নাপায় কোনোমতে উশাহটো ঘূৰি আহিল তেওঁৰ । জীয়েকক মাতি ভায়েকক গতাই দি তেওঁ খুব সাৱধানৰে এটা এটা কৈ গ্লাছৰ ভগা টুকুৰাবোৰ উঠাব ধৰিলে । কামখিনি কৰি থাকোঁতে মানুহগৰাকীৰ বুকুখনো গধূৰ হৈ পৰিল । যিমানেই ভগা গ্লাছৰ টুকুৰাবোৰ গোটাই গৈছিল , সিমানেই তেওঁৰ বুকুখনো দেখোন খুচি বিন্ধি উঠিছিল । আইনাৰ টুকুৰাবোৰ যেন উফৰি মজিয়াত নহয় তেওঁৰ বুকুতহে সোমাল । চ'ফা চেটটো  কোবাই , ঝাড়ু মাৰি চাফা কৰি তেওঁ ঈশ্বৰকে খতিব ধৰিলে.. প্ৰভু , বচালা । ল'ৰাকণৰ যে একো নহ'ল । 

ৰূমটোৰ চুক কোণবোৰ আকৌ এবাৰ ভালদৰে পৰীক্ষণ কৰি এইবাৰ তেওঁ ফোনটো হাতত লৈ ফুকনৰ নম্বৰটো ডায়েল কৰিলে । কামত ব্যস্ত ফুকনৰ ঘৈণীয়েকৰ নম্বৰটো ফোনৰ স্ক্ৰীন খনত দেখি খঙেই উঠিল। অলপ আগতে ওলাই আহিছে হে হ'লেই নে ফোনাব । বিৰক্তিৰে কলটো ৰিচিভি কৰি অলপ উষ্মভৰা কন্ঠেৰেই কৈ উঠিল ফুকনে

: কি হ'ল হে ? ফোন কৰিলাই যে ।

গিৰিয়েকৰ মাতটো শুনি এইবাৰ ফুকননীৰ বুকুৰ দুখবোৰ খৰস্ৰোতা জলপ্ৰপাত হৈ দুচকুৰে বৈ আহিব ধৰিলে । ইমান সময় ধৈৰ্যৰে বাধা দি ৰখা চকুপানীবোৰ আৰু নাকৰ পানীবোৰ একাকাৰ হ'ল । ফোনটো হাতত লৈ উচুপি উঠিল তেওঁ ।
ফুকনৰ ইফালে চিন্তাতে অৱস্থা কাহিল । কিবা ডাঙৰ বিপদেই হ'ল নেকি । মানুহজনীয়ে দেখোন এইদৰে কন্দা কটা খন আৰম্ভ কৰিছে । ল'ৰা ছোৱালী দুটাৰ একো হোৱা নাইতো ...!

: অ'ৰা .. কি হ'ল ? নোকোৱা কেলৈ হে ?

: অ'ৰি ড্ৰয়িং ৰুমৰ আইনাৰ টেবুলখন দেহামানুৰ গাত লাগি পৰি ভাঙি থাকিল । 

পুতেকৰ দৰে এইবাৰ মাকেও ভে ভে কৈ চিঞৰিব ধৰিলে । ফোনত ফুকননীৰ কান্দোন শুনি ল'ৰাটোৰ গুৰুতৰ জখম হোৱা বুলি ফুকনৰ বুকুখনত দুৰু দুৰু কঁপনি উঠিল । আৰু, একো শুনাৰ ধৈয্যই নহ'ল তেওঁৰ।  য'ৰ কাম ত'তেই পেলাই  ঘৰত আহি হাজিৰ ফুকন ।
আহি দেখে টেবুলখনৰ ফ্ৰেমটোৰ সন্মুখতে , মজিয়াত লেপেটা খাই বহি কঁপালতে হাত দি ফুকননীয়ে ইনাই বিনাই ৰাউচি জুৰি কান্দি আছে । উধাতু খাই ভিতৰলৈ সোমাই আহি ফুকন , ইফালে সিফালে চাই চিধাই পুতেকৰ ওচৰ পালেগৈ । তেতিয়ালৈ পুতেকৰ টেবুল ভঙাৰ ভয়টো মনৰ পৰা সম্পূৰ্ণ ৰূপে নাইকিয়া হৈছিল । সি বায়েকৰ লগত বিছনাত উঠি দবৰা-দবৰি কৰি খেলাত হে ব্যস্ত । তাক সেইদৰে দেখি ফুকনে ফুকননীক দবিয়াই উঠিল ..

: অ'ৰা .. কি হে পালে । ল'ৰাই খেলি ফুৰিছে । তুমি কান্দিয়েই আছা যে .!

: টেবুল খন ..! 
বৰ মৰমৰ আছিল অ' মোৰ বাবে সেইখন । চনচন কে ভাগিল হেৰৌ চকুৰ আগতে ..।

: অ'ৰা .. ইমান ডাঙৰ ঘটনা এটাৰ পিছতো ল'ৰাটোৰ যে একো নহ'ল তাকে ঈশ্বৰক ধন্যবাদ জনোৱাচোন।  এনেকুৱা এখন টেবুল মই কাইলৈকে আনি দিব পাৰিম । ভয়েই খাই গ'লো ফোনত কান্দোন শুনি । উঠা যোৱা .. ।

: আপুনি নুবুজিব । মোৰ বহুত মৰমৰ আছিল সেইখন । কিমান কৈ থকাৰ পিছতো আপুনি মোক টেবুলখন  আনি দিবলৈ মন কৰা নাছিল.. । পাহৰিলে এতিয়া ? মই হে মোৰ জমা পইচাৰে ভাইটিক কৈ অনাই লৈছিলোঁ । মোৰ পইচা গাল পানীত পৰিল অ'.. । কেইদিননো হৈছিল এইখন ঘৰলৈ অহা । 

ফুকননীৰ কান্দোন বন্ধ হোৱাৰ নামেই নলয় মুঠৰ ওপৰত ।

: অ'ৰা .. তোমাৰ পইচা মানে..? মোৰ পকেট মাৰি মাৰি গোটোৱাবোৰেই নহয় জানো ! লষ্ট হৈছে যদি মোৰ হে হৈছে । অযথা পেনপেনাই মাথা গৰম নকৰিবা হে..।

: অ' এতিয়া আপোনাৰ মোৰ বুলিও বস্তুবোৰ ভাগ ভাগ হ'ল মানে।  ঘৰখনৰ বস্তু এটাৰ ক্ষতি হৈছে , তাতো আপুনি মোক ইনডিৰেক্টলি কাট মাৰিবলৈ নেৰে। এৰা.. আপোনাৰ টকাৰে হে বহি বহি খাইছোঁ.. আপোনাৰ টকাৰে হে চখ পুৰাইছোঁ । মোৰ নো কি আছে..? 

জাঙুৰ খাই উঠিল ফুকননী ।

: হেই এইজনী, কথা বঢ়াই ন'লবা দেই । ক'ৰ পৰা ক'ৰ পালেগৈ চা।

ফুকনেও খঙতে ফুকননীক তেনেকৈ এৰি পুনৰ অফিচ পালেহি । মূৰটো গৰম হৈ গ'ল তেওঁৰ।  অফিচত অত' গাল কাম পেলাই আহি ঘৰত সেইখন নাটক চাব পাৰি নেকি ? ইমান বস্তুৰ প্ৰতি মোহ ! মানুহৰ জীৱনেই ক্ষণস্থায়ী । এখন টেবুলৰ বাবে এনেকৈ কান্দিব লাগে নে ?  হেই..!

ইফালে মানুহজনীয়ে দিনটো কান্দিয়েই থাকিল । চকুপানীবোৰ অহৰহ বৈয়েই থাকিল তেওঁৰ দুগাল তিয়াই ।  নাকৰ পানী চকুৰ পানী মোচোতে মোচোতে মুখ খন ফুলি হনুমানৰ আকৃতি ল'লে । কাষৰ বৰুৱাৰ ঘৰত দেখি ,  তাতকৈও ধুনীয়া টেবুল এখন কোনোমতে তেওঁৰ চ'ৰা ঘৰত সজোৱাৰ সৌভাগ্য কণ হৈছিল হে , এতিয়া সেইখনো ভাগিল । তেওঁ জানে ফুকনে এনে এখন টেবুল আকৌ আনি দিব । পিছে এইখনৰ লগত ফুকননীৰ আবেগ জড়িত হৈ আছে । এই টেবুলখন ঘৰলৈ অনাৰ আঁৰত ফুকনে এতিয়ালৈকে গম নোপোৱা ডাঙৰ অংক এটা লুকাই আছে ।

সন্ধিয়া অফিচৰ পৰা আহি , একো নামাতিলেও ফুকনে আলেঙে আলেঙে ঘৈণীয়েকক লক্ষ্য কৰি থাকিল । চকু মুখ ওন্দোলি উঠা ঘৈণীয়েকক তেওঁৰ প্ৰথম চিনি পাবলৈকে দিগদাৰ লাগিল । এইজনীনো তেওঁৰেই ঘৈণীয়েক নে ? হায় ৰে কি ৰূপ ল'লে অ' দিনটোৰ ভিতৰতে !
ফুকননীয়ে চাহ ৰুটি ভাজি সকলোবোৰৰ যোগাৰ ঠিকেই ধৰিলে যদিও, নাকৰ পানী মুচি মুচি সোত-সোতায়েই আছে । ফুকনৰ বেয়াও লাগিল । পেনপেনাই মৰম যতাব নাজানিলেও , ঘৈণীয়েক জনী তেওঁৰ বৰ মৰমৰ । মানুহজনীয়ে মনতো মাৰি থকা দেখিলে বৰ দুখ পায় তেওঁ । ফুকননীয়েও নুবুজা নহয় , গিৰিয়েকৰ মনৰ কথা । কিন্তু টেবুলখন ভঙাৰ দুখতো তেওঁৰ মনৰ পৰা দেখোন নোযোৱাই হ'ল ! যাবনো কেনেকৈ বাৰু সেইখনৰ মূল তেওঁৰ বাদে বেলেগে যে নুবুজে । 

পিছদিনা অফিচলৈ বুলি ওলাই যোৱা ফুকনে , অলপ পৰৰ পিছতে আগদিনা ভঙা টেবুলখনৰ লগত হুবহু  টেবুল এখন লৈ ঘৰ পালেহি । সদ্যহতে মাহৰ শেহত টকা কেইটা খৰছ কৰিবলৈ তেওঁৰ মন নাছিল যদিও এখন টেবুলেই যদি মানুহজনীৰ মনলৈ আনন্দ কঢ়িয়াই আনে তেনেহ'লে টকা সাত / আঠ হাজাৰ খৰছ কৰা তেওঁৰ বাবে ডাঙৰ কথা নহয় । অন্তত মানুহজনী ফুৰ্তিৰে থাকক । ঘৰ খনৰ পৰিবেশটো সুস্থিৰ হওক ।।ফুকনীনৰ নতুন টেবুল খন দেখি ভাল লাগিল যদিও , মনতো পিছে ফৰকাল নহ'ল ।  টেবুলখন আগৰ টেবুল খনৰ জেগাতে থৈ হঠাৎ তেওঁ হুকহুকাই কান্দি উঠিল । ফুকনৰ এইবাৰ বিৰাট খং উঠিল । মানুহজনীৰ মনটো ভাল লাগক বুলিয়েই তেওঁ নতুন টেবুলখন আনি দিছে আৰু তেওঁৰাই ভে-ভে কৰিয়েই আছে । খঙৰ কোবত পুতেককে ঠিকচে পিটিলে ফুকনে ।  উৰহৰ খং ভগা ঢাৰিত নুঠালে উপায় নাই আৰু । এখন টেবুলৰ বাবে ইমান অশান্তি ভোগ কৰিব পাৰিনে কিবা । 

বায়েকৰ গোচৰ দিবলৈকে ফুকনে খুলশালীয়েকক ফোন কৰি মতাই আনিলে ।  

: কি হ'ল ভিনদেউ , ইমান জৰুৰী ভাবে মাতি আনিলে যে ! 

খুলশালী নিপন আচৰিতেই হ'ল । ভিনিহিয়েকৰ ৰূপ দেখি।

: সোধা বায়েৰাক .. । কালিৰ পৰা মূৰটো খাই দিছে। 

কথা গুৰুতৰ মানে । এইয়া দাম্পত্য কলহ । দুই দম্পতিৰ কাজিয়া ভাঙিবলৈকে মাজত সুমুৱাটো ঠিক হ'ব নে ?  নিপনৰ দুই নাও দুই ভৰি যেন অৱস্থা। কি কথাত বা লাগিল!

: অ' ভাইটি চাচোন টেবুলখন ভাঙিলেই । মোৰ কপালখন চাচোন ।

ভায়েকক দেখি ফুকননীৰ শোকবোৰ এইবাৰ বেচিকৈয়েই উজাই আহিল। লগতে ফুকনও গৰজি উঠিল।

:  বুজিছা নিপন মেহগণি কাঠৰ ইমান মজবুত টেবুলখন আছিল , বায়েৰাৰ পচন্দ নহ'ল । বৰুৱাৰ ঘৰত আইনাৰ টেবুল দেখি তেওঁৰো গা উঠিল বোলে লাগিবই তেনে এখন আইনাৰ টেবুল । মই লাহে ধীৰে চিন্তা কৰি চাম ভাবোঁতেই বায়েৰাই নিজৰ জমা টকাৰে তোমাকে কৈ ঘৰলৈ টেবুল আনিহে এৰিলে । ল'ৰা ছোৱালী থকা ঘৰত এইবোৰ আইনাৰ বস্তু ভাঙিবই , সাধাৰণ কথা । তাকে লৈ হুলস্থুলখন চোৱাচোন তেওঁৰ ।

: নহয় অ' সাধাৰণ কথা । আপুনি তেনেকৈ নক'ব । সেইখন মই জমা টকাৰে নহয় আপুনি দিয়া সোণৰ চেইনডাল বন্ধকত থৈ হে আনিছিলোঁ অ' । ভাবিছিলো লাহে ধীৰে পকেট মাৰি টকা কেইটা জমা কৰি চেইনডাল মোকোলাই আনিম । মোৰ টকা জমা নহ'লেই , টেবুল ভাঙি শেষ । মোৰ ফুটা কপাল অ' এইখন । 

ফুকননীৰ অকপট স্বীকাৰোক্তিত ফুকন বেহুচ হোৱাৰ উপক্ৰম । তেওঁৰ মানুহজনীয়ে লোকৰ লগত ফেৰ মাৰিবলৈকে সোণৰ চেইন বন্ধকত থৈ আইনাৰ টেবুল কিনিলে !  বুৰ্বক নে মূৰ্খ অ' এইজনী ? 

কথাবোৰ শুনি নিপনে উচ্চস্বৰে হাঁহিব ধৰিলে

: অ' কথাৰ গুৰি মানে ক'ৰবাত ! বাইদেউ "টেনশ্যন নেহী লেনে কা ।" তোৰ সোণৰ চেইন মোৰ হাতত সুৰক্ষিত।  কি ভাবিছিলি তোৰ দৰে ময়ো মূৰ্খ ? টেবুল কিনিবলৈ টকা আঠ হাজাৰ তোক মই হে দিছিলোঁ । তোৰ টেবুলখন কিনাৰ হেঁপাহটো দেখি মই কথাখিনি নজনালো।  কাৰণ মোৰ পৰা টকা ল'বলৈও তই যে মান্তি হোৱা নাছিলি। ভিনদেউকো নজনালো । ভাবিলোঁ সময়ত ঘূৰাই দিম চেইনডাল । 
এতিয়া পেনপেনাব এৰ । 
তই টেবুলো পালি , চেইনো ।

ফুকননীৰ মনটোত এতিয়া হে শান্তি লাগিল । চকুপানীবোৰ মুচি ভায়েকক তেওঁ সাৱটি ধৰিলে । ফুকনে নতুন আইনা টেবুল খনলৈ চাই জীয়েকক মাত লগালে

: মাজনী অ' ফ্ৰীজৰ পানী এগিলাচ লৈ আহচোন । মোৰ দেখোন বমি বমি ভাব এটা আহিছে, লগতে নৱৰত্ন তেলৰ বটলটোও লৈ আহিবি দেই । মূৰটো ইমান গৰম হৈ গৈছে...।

পৃষ্ঠাঃ ৩৬
চেকনীৰ আগত বিদ্যা

পৰীদীপা বড়া মূদৈ

পূৰ্ণকান্তই অৱসৰ লবলৈ মাজত মাথোঁ দুইবছৰ মানহে আছে। গোটেই জীৱন তেওঁ জ্ঞানৰ পূজাৰী হৈয়েই পাৰ কৰিলে। পূৰ্ণকান্তই সদায় এটায়েই কামনা কৰে; তেওঁৰ ছাত্ৰ যাতে কেতিয়াও বেয়া পথত গতি নকৰে। তাৰ বাবেই তেওঁ কষ্টও কৰে। শিক্ষাৰ্থীক কেৱল পুথিগত শিক্ষায়েই নহয়; জীৱনৰ প্ৰকৃত শিক্ষা দিবলৈ তেওঁ চেষ্টা কৰে। শিষ্যক ভাল পথেৰে নিবলৈ মাজে মাজে তেওঁ অলপ কঠোৰো হয়। সেয়ে প্ৰতিবন্ধকতা থকাৰ পিছতো ছাত্ৰৰ উজ্জ্বল  ভৱিষ্যতৰ বাবে চেকনীৰ আগত বিদ্যা কথাষাৰ নিজৰ জীৱনটো ব্যৱহাৰ কৰে।
কিন্তু কেইবছৰ মানৰ পৰা পূৰ্ণকান্ত অলপ সলনি হ'ল। অৱশ্য তেওঁ নিজে সলনি হোৱা নাই। পৰিবেশ পৰিস্থিতিয়ে তেওঁক সলনি হ'বলৈ বাধ্য কৰিলে। আজিকালিও তেওঁ আগৰ দৰেই শিষ্যক শিক্ষাদান দিয়ে কিন্তু ছাত্ৰ ছাত্ৰীক কৰা শাসনৰ ক্ষেত্ৰতহে তেওঁ অলপ শিথিল হ'ল। 
কেইবছৰ মানৰ আগৰ কথা। অন্য দিনৰ দৰে সেইদিনাও পূৰ্ণকান্তই গণিতৰ কিতাপখন বুকুত সাবটি দশমমান শ্ৰেণীৰ ক্লাছ কৰিবলৈ বুলি শ্ৰেণীকোঠাত সোমালগৈ।  ক্লাছটো ভালে ভালেই পাৰ হ'ল। পিছে আহিবৰ সময়ত তেওঁ মন কৰিলে; শেষৰ বেঞ্চত থকা বেগ দুটাৰ মালিক নাই। দুই তিনিবাৰ ভালদৰে নিৰীক্ষণ কৰাৰ পিছটো যেতিয়া একেটাই উত্তৰ পালে লগে লগে তেওঁ ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিলে আৰু তাহাঁতৰ মুখেৰেই গম পালে। নীৰেন আৰু হৰয়ে গণিতৰ ক্লাছ খতি কৰি প্ৰসাৱগাৰৰ ফালে লুকাই আছে। কথাষাৰ শুনি পূৰ্ণকান্তৰ খং উঠিল। কিমান কষ্ট কৰি মাক দেউতাকে ল'ৰা-ছোৱালীক  স্কুলত পঢ়িবলৈ পঠিয়াই ? তাহাঁতক লৈ কিমান সপোন দেখিছে ? অথচ ল'ৰা-ছোৱালীয়ে পঢ়াত মন নিদি ক্লাছ খটি কৰিছে। কথাষাৰ ভাবি  পূৰ্ণকান্তিয়ে হাতত বেতডাল লৈ প্ৰসাৱগাৰৰ ফালে খোজ দিলে। দেখিলে নীৰেন আৰু হৰয়ে  চিগাৰেটৰ ধোঁৱা উৰুৱাই প্ৰসাৱগাৰৰ পিছফালে ৰৈ আছে। দৃশ্যটো দেখি পূৰ্ণকান্তৰ খং চুলিৰ আগ পালেহি। তেওঁ হাতত থকা বেতডালেৰে দুয়োটাকে দুচাতমান দি শ্ৰেণী কোঠালৈ উভতাই আনিলে। 
সেইদিনা পূৰ্ণকান্তৰ কটোৱেই মন নবহিল। ঘৰলৈ অহাৰ পিছতো তেওঁৰ সন্মুখলৈ নীৰেন আৰু হৰৰ মুখদুখন আহি থাকিল। ইমান কুমলীয়া বয়সতে অসৎ পথে গতি কৰা ছাত্ৰ দুজনৰ ভৱিষ্যতক লৈ পূৰ্ণকান্ত চিন্তিত হ'ল। মনতে ভাবিলে; দিনটোৰ বেছি ভাগ সময় ল'ৰা -ছোৱালী ঘৰতেই থাকে। সেইবাবে  নীৰেন আৰু হৰৰ অভিভাৱকক মাতি সিহঁত দুটাৰ বিষয়ে ভালকৈ আলোচনা কৰিব লাগিব। তাহাঁত দুটা বেয়া পথলৈ যোৱা মানে ভৱিষ্যতে দুজন বেয়া মানুহৰ সৃষ্টি হোৱা। সৰু ল'ৰা; তাহাঁতক ভাললৈ বুজালেই বুজি পাব। উঠি অহা ল'ৰা দুটাক এইদৰে অসৎ পথেৰে যাবলৈ দিব নোৱাৰি। সেইবাবে মাক দেউতাকৰ লগত  কথাবোৰ ভালকৈ আলোচনা কৰি তাহাঁত দুটাক শুদ্ধ পথলৈ আনিবই লাগিব। 
কথা মতেই কাম। পিছদিনা পূৰ্ণকান্তই নীৰেন আৰু হৰৰ অভিভাৱকক মাতি পঠিয়াম বুলি মনতে ভাবি তেওঁলোকলৈ চিঠি দুখন লিখিলে। ভাবিলে ছুটিৰ সময়ত নীৰেন আৰু হৰৰ হাতত দি পঠিয়াম। পিছে পূৰ্ণকান্তই পিছদিনালৈ অপেক্ষা কৰিবলগীয়া নহ'ল। দশমমান শ্ৰেণীৰ গণিতৰ ক্লাছটো কৰি থাকোঁতেই চকিদাৰজনে গৈ পূৰ্ণকান্তক মাত লগালে। চকিদাৰজনে কলে-" আপোনাক হেডচাৰে অতি সোনকালে তেওঁৰ অফিচলৈ মাতি পঠিয়াইছে।" পূৰ্ণকান্তই ল'ৰা ছোৱালীবোৰক অংক এটা কৰিবলৈ দি অফিছলৈ আহিল। তেওঁ দেখিলে  হেডমাষ্টৰৰ সন্মুখত দুজন অচিনাকী ব্যক্তি বহি আছে। হেডমাষ্টৰে মানুহ দুজনৰ লগত চিনাকী কৰাই দিলত পূৰ্ণকান্তই জানিব পাৰিলে; সেয়া নীৰেন আৰু হৰৰ দেউতাক। তেওঁলোকলৈ চাই মিচিকিয়া হাঁহি এটা মাৰি পূৰ্ণকান্তই ক'লে-
"মই আপোনালোক দুজনক মাতিম বুলি ভাবিছিলোয়েই। নীৰেন আৰু হৰৰ বিষয়ে আপোনালোকৰ লগত অলপ আলোচনা কৰিবলগীয়া আছিল।"
পূৰ্ণকান্তৰ কথা শুনি নীৰেনৰ দেউতাকে কঠোৰ সুৰেৰে ক'লে- " আপুনি আমাৰ লগত কি আলোচনা কৰিব ? আমি হে আপোনাৰ লগত কথা পাতিবলৈ আহিছোঁ। এইখন স্কুলত মোৰ ল'ৰাক পঢ়িবলৈ পঠিয়াইছোঁ; আপোনাৰ মাৰ খাবলৈ পঠিওৱা নাই। গতিকে কিবা ভুল কৰিলে তাক ভালকৈ বুজাব। বুজিছে, আজিলৈকে আমিয়েই তাৰ গাত হাত দি পোৱা নাই; তেনেস্থলত আপুনি ? চাওঁক ডাঙৰীয়া; মোৰ ল'ৰাক  নীতিশিক্ষা দিবলৈ মই জীয়াই আছোঁ, আপুনি কেৱল তাক পঢ়োঁৱাব। আজিৰ পৰা মোৰ ল'ৰাৰ গাত হাত দিলে কথা বেয়া হ'ব।"  নীৰেনৰ দেউতাকৰ লগতে হৰৰ দেউতাকৰ মুখৰ পৰাও তেনেকুৱা ধৰণৰ কেইবাশাৰী বাক্য  পূৰ্ণকান্তৰ ফালে উফৰি আহিল। 
নীৰেন আৰু হৰৰ দেউতাকৰ কথাবোৰ শুনি পূৰ্ণকান্তৰ অন্তৰাত্মা কঁপি উঠিল। তেওঁ কিবা এষাৰ ক'ব খুজিলে যদিও মুখৰ পৰা মাত ওলাই নাহিল। তেওঁ নিজেই নিজকে প্ৰশ্ন কৰিলে; হয় মই সিহঁতক দুচাত দিছিলোঁ। কিন্তু কিয় দিছিলোঁ ? তাহাঁতি ভাল হওক বুলিয়েই দিয়া নাছিলোঁ জানো ?
সময় পাৰ হৈ গ'ল। কিন্তু সেই বিশেষ দিনটোতে পূৰ্ণকান্তৰ হাতৰ চেকনীডাল আঁতৰাই পেলালে। আজিকালি পূৰ্ণকান্তই আগৰ দৰে ল'ৰা-ছোৱালীক ডাবি-ধমকী নিদিয়ে অথবা মাৰ পিট নকৰে । বৰঞ্চ শিক্ষাদান কাৰ্যতেই তেওঁৰ কৰ্তব্য সীমাবদ্ধ ৰাখে। আজিও স্কুলৰ পৰা আহি ভাত কেইটা খাই পূৰ্ণকান্তই নিউজ চেনেলটো লগাই ললে। লগে লগে টেলিভিছনৰ পৰ্দাত দুখন চিনাকী মুখ জিলিকি উঠিল। নীৰেন আৰু হৰৰ! সাংবাদিকে কোৱা মতে নীৰেনে ড্ৰাক্স খাবৰ বাবে টকা নেপাই নিজৰ দেউতাকক হত্যা কৰি  বাকচৰ পৰা টকা লৈ পলাল। তাৰ লগত হৰ নামৰ বন্ধু এজনো জৰিত আছে। ল'ৰা দুজনক পুলিচে বিচাৰি পোৱা নাই যদিও সিহঁতক বিচাৰি উলিয়াবৰ বাবে পুলিচে সম্পূৰ্ণ চেষ্টা কৰিছে। বাতৰিটো শুনি পূৰ্ণকান্তৰ বুকুখন আজি আকৌ এবাৰ কঁপি উঠিল। লগে লগে টেলিভিছনৰ পৰ্দাত নিথৰ হৈ পৰি থকা নীৰেনৰ দেউতাকৰ কথা এষাৰ তেওঁৰ মনলৈ আহিল। 'মোৰ ল'ৰাক নীতি শিক্ষা দিবলৈ মই আছোঁ। আপুনি কেৱল তাক পঢ়োঁৱাওক।'

এ. টি ৰোড, টীয়ক
ডাকঘৰ- টীয়ক
পিন নং - ৭৮৫১১২
যোৰহাট, অসম
ফোন নং - ৮৮২২৭৭৫১৬০

পৃষ্ঠাঃ ৩৭
যোগাৰ

ৰূপালীম মহন্ত
বেংগালুৰু, কৰ্ণাটকা

কণতিলৌ বৰ বিপাঙত পৰিছে। কত হেঁপাহ কৰি ইমান দিনে আলচি থকা কিবা বোলেনে ডানলপখন অনালে। পিছে তাৰ ঘৈণীয়েক মইনাই চোন ৰং পোৱাৰ বদলি খিঙখিঙাই হে উঠিল। লগে লগে নহয় অৱশ্যে, অনাৰ দুই এদিনৰ পিছতহে। আনোতে দুৱাৰৰ আঁৰৰ পৰা চাই চাই তাই হাঁহিয়েই পেলাইছিল।

কণতিলৌহঁতৰ সীমিত উপাৰ্জনৰ, প্ৰায়েই টানি টুনি চলা সংসাৰ। তাৰ দোকান এখন আছে গাঁৱৰে চকটোত, মোটামুটি চলে। ভাগ্য পিতায়েকে ঘৰে-মাটিয়ে কৰি থৈ গৈছিল বুলিহে, পুখুৰীৰ মাছ, ঘৰৰ শাক-পাচলিৰ যোগানত সংসাৰখন কোনোমতে চলি যায়। পিছে ল'ৰা-ছোৱালী হালৰ পঢ়া-শুনা উঁৱলি যোৱা ঘৰটোৰ মেৰামতি চব মিলি এতিয়া উপাৰ্জন অলপ কমেই পৰে।

মইনা চালাক ছোৱালী। প্ৰাচুৰ্য নাথাকিলেও সংসাৰখন আকাল নোহোৱাকৈ চলাই যায়। নিজৰ চখবোৰ, ফৰ্মাইছবোৰলৈ ঠাই নেথাকে। তথাপিও সিহঁত সুখী।

কিন্তু আহুকাল লাগিল এইবাৰহে। গৰমৰ বন্ধত ল'ৰা-ছোৱালী দুইটাৰে তাইক চহৰত থকা ককায়েক পূৰ্ণধৰে লৈ গ'লহি, "কেইদিনমান আৰাম কৰি আমাৰ তাত থাকিবি হয়" বুলি। আগা-পিছাকে মাক-বাপেক ঢুকুওৱাৰ পিছত এই ককায়েকেই তাইৰ একমাত্ৰ সম্বল। আগতে প্ৰায়েই মৰমতে ককায়েক বৌৱেকে তাইক লৈ গৈছিলহি, কিন্তু ল'ৰা-ছোৱালী হোৱাৰ পাছত, সংসাৰৰ জুমুৰিত অহা যোৱাও পাতল হ'ল।

এইবাৰ পিছে চহৰত চৰকাৰী অফিচৰ বৰবাবু ককায়েকৰ ঘৰৰ প্ৰাচুৰ্য দেখি মইনা সেইফালেই তধা লাগিল। বাঃ কি বাহাৰ। নতুন নতুন কিটিপ কায়দাৰ বস্তু লগাই কি আৰামৰ জীৱন। বিছনাখনত শুবলৈ লৈতো তাইৰ ফুৰ্তিতে চিঞৰেই ওলাই গ'ল। আসঃ কি কোমল! বঢ়িয়া একদম, ফিট ফাট হৈ থাকে। বৌয়েকে বোলে সেইখন ডানলপ, ডাঙৰ ফাৰ্নিছাৰৰ দোকানৰ পৰা সৰহকে টকা দি কিনিছে, ঘৰত বনোৱা তুলিতকৈ বহুত ভাল।

বচ, ঘৰলৈ আহি মইনামতিৰ মাত আখৈ ফুটাদি ফুটিবলৈ ল'লে। ককাইদৌৰ ঘৰত অমুকটো এনেকুৱা, তমুকটো তেনেকুৱা, অমুকটো ইমান ভাল পায়, তমুকটো ইমান সুবিধা আই। চবতকৈ বেছি শলাগিলে বিছনাৰ ডানলপখনক। বৰ মনে খালে তাইক সেইখনে। বিয়া হোৱাৰে পৰা জিৰণিৰ নামত ৰাতিকণ শুবলৈ পায়। তাকো ফটা-ছিটা পাতল তুলিখন, গাটোত আৰাম বুলিবলৈ তিলমানো নেলাগে। শহুৰেকৰ দিনৰ শালকাঠৰ মজবুত পালেঙখন বুলিহে টিকি আছে, কিন্তু ফিচিকি যোৱা তুলিখন ঠিক কৰাই লবলৈয়োচোন সুবিধা নিমিলে।

এসপ্তাহমান ডানলপ কীৰ্তন শুনাৰ পিছত নিমাখিত কণতিলৌৰ মনতো উৎসাহ জন্মিল। কিমান আৰু নিজৰ চখবোৰ চেপি খুন্দি ৰাখিব।
"মইনাজনীয়ে ইমান আশা কৰিছে, এইবেলি তাইক এই সুখকণ দিমেই।" সি ভাবিলে।

ভবা মতেই কাম। লগৰ বন্ধু ৰজনীকান্তক কৈ দুমাহমানৰ কাৰণে বিয়লিবেলা কৰিব পৰা কাম এটা যোগাৰ কৰি ল'লে। ৰজনীয়ে কাম কৰা ঠাইতে। সেইকেইটা দিন ল'ৰা পোনাকণক ক'লে,
"মই আবেলি আবেলি নাথাকিলে, তই ইস্কুলৰ পৰা আহি দোকানখন চম্ভালিব নোৱাৰিবিনে ?"

"পাৰিম পিতাই।" পোনাকণে টপককৈ মাত দিলে। সি দোকান চোৱাৰ নামত আৰাম কৰি কিতাপ পঢ়িবলৈ বৰ ভাল পায়। লগতে ইটো সিটো ডালমুট চানাচুৰ গলিয়াই থাকিবলৈও পাব।

বচ, ল'ৰাকণক দোকান গতাই দি কণতিলৌৱে মনপুতি কামত ধৰিলে। দুমাহত কষ্টও কৰিলে, পইচাও গোট খালে কেইটামান। সেই টকা লৈ, ৰজনীৰ লগত পোনেই  টাউনলৈ বুলি ওলাল। ফাৰ্নিচাৰৰ দোকানত সোমাই মোটামুটি দামৰ ডানলপ এখন কিনিলে, তাৰ পাছত চাহ-পানী এটুপি খাই থাওকতে মইনা আৰু ল'ৰা-ছোৱালী হাললৈ বুলি ইটো সিটো বস্তুও কিনি পেলালে।

সেই বস্তু বাহানি লৈ ঘৰ আহি পাওঁতে মইনাজনীৰ কি হাঁহি, ফুল চিটিকিহে যেন পৰিছে। ল'ৰা-ছোৱালীহালেও আনন্দত জঁপিয়াই ফুৰিলে। ৰজনী আৰু পোনাকণৰ সহায়ত কণতিলৌৱে হেপো-টেপোকৈ ধৰি মেলি ডানলপ বিছনাখনত পৰাৰ পিছত মইনাই ট্ৰাংকৰ তলৰ পৰা সেই তাহানিয়েই বঙালী বেপাৰীৰ পৰা দৰাই দৰাই লৈ থোৱা ফুলাম বেডচিতখন পাতি পেলালে। আলফুলে সেইখনৰ ওপৰত হাত ফুৰাই টানি ফিট কৰি তাই তভক মাৰি ৰ'ল।  বিছনাখনে আহ আহ কৰি আছে, পিছে দিন দুপৰতে তাই বোৱাৰী মানুহজনী শোৱেনো কেনেকৈ!

"ৰাতিলৈ হেঁপাহ পলুৱাই এইখনত শুই শুই আৰাম কৰিম দৌ।" তাই মনতে ভাবিলে। কণতিলৌৰ চাৰপ্ৰাইজটোৱে তাইক তবধ মনাই দিলে।

কণতিলৌৰো মন ভৰি গ'ল।

কিন্তু দুৰাতি সেইখনত শোৱাৰ নামত ইকাটি সিকাটি কৰি শেহ ৰাতিলৈ পৰ্ত্তিক ৰুমৰ কাঠৰ চোফাৰ লেখীয়া বেঞ্চীখনত আহি মইনা শুই পৰিলগৈ। মূৰে গায়ে চাদৰখনকে টানি টুনি কুস্তি কৰিলে আৰু শেষত মহৰ কামোৰণিৰ পৰা পৰিত্ৰাণ নেপাই  গিৰিয়েকটোক বকি থাকিল।

"হয় শুনিছে, কি শনি সোপা সুমুৱালেহি হয়নে ঘৰত ? ইমান টান ! গা বিষাই গৈছেগৈ। দিনটো মানুহজনীয়ে বাহি-বন, চৰুৰ পৰা গৰুলৈকে চম্ভালি মৰো,  ৰাতিকণো শুবলৈ সুখ নাই হেৰৌ। আগৰ ঘৰত বনোৱা তুলিখনেই ভাল আছিল চোন। এইখন গোটেই কাঠৰ চলি! উসঃ, গাটো টনটনাই গৈছে অ' গোঁসাই।"

"হেৰৌ মইনা" কণতিলৌয়েও লাহেকৈ উত্তৰ দিলে "তয়েই চোন চহৰৰ ককায়েৰৰ ঘৰৰ পৰা আহি ফোচ-ফোচাই আছিলি, বোলে ককাইদৌউৰ ঘৰত কি আৰাম ! কি ধুনীয়া তুলি, ডাঙৰ দোকানৰ পৰা অনোৱা, বিছনা চাদৰখনো ফিতফিতিয়া হৈ থাকে, বোলে শুই কি মজা।"

"কৈছিলোঁতো, ককাইটিৰ ঘৰত আৰামৰ বস্তু। আপুনি যিখনহে আনিলে, নজনা নুশুনাকৈ ককাইটিকে সুধিনো নোলাল কিয় ?"

"কথাই কথাই ককাইদৌউৰ কথা গাই নুফুৰ মইনা, ময়ো জনা মানুহ লৈহে গৈছিলোঁ। ৰজনী গৈছিল নহয় মোৰ সৈতে।"

"থউক হেৰি, ৰজনীয়েনো কিডাল জানে ? আপোনাক সস্তীয়া বস্তুবোৰ কিনোৱাই দিছে। আৰু আপুনিও ভাল, অঁকৰাৰ দৰে যিহকে তিহকে লৈ ঘৰ চাপিলহি।"

তাইৰ সঁচাই খং উঠিছিল। লাগ বুলিলেই যি কোনো বস্তু আহি এইখন ঘৰ নোসোমাইহিয়েই। কিন্তু এইযে এইখন, তাইৰেই চখ পূৰাবলৈ আনিলে, অন্তত কোৱালিটিটোতো চাব লাগিছিল গিৰিয়েকটোৱে। এইখনত শুব পাৰি নেকি, ইমান টান! তাতে মস্ত ওখ। অকণো আৰাম নালাগেচোন। ককায়েকৰ ঘৰৰখন চোন বেছ কোমল আছিল। এতিয়া তাইৰ ফৰ্মাইছ পূৰণ কৰাৰ নামটো হে ৰ'ল, কামত হ'লে নেচেল।

বেচেৰা কণতিলৌ। কি ভাবিলে আৰু কিখন হ'ল! সিনো কোনখন ডানলপত শুই পাইছে যে কোৱালিটি বুজিব ? দোকানী আৰু ৰজনীয়ে চোন বৰকৈ শলাগিছিলে, আৰামৰ বস্তু বুলি। টানো সঁচা, পিছে মইনাৰ গালি শুনাৰ ভয়ত সিয়ো তাপ মাৰি থাকিলে।

এতিয়া এই ডানলপখনেই হ'লগৈ হাৰমাল। দুদিন মান তেনেকৈয়ে চলিল। মইনা পৰ্ত্তিকত, সি শোৱা-কোঠালিত। মৰমৰ ঘৈণীৰ বকনি আৰু ৰাতিকণৰ দূৰত্বটো আৰু সহ্য কৰিব নোৱাৰি... সি ডানলপখন পোনাৰ লগ লাগি আকৌ হেপো-টেপোকৈ নি বহা ঘৰ পোৱালেগৈ। তাতেই বেঞ্চীখনৰ কাষত পাতি দিলেগৈ। আৰু বিছনাখনলৈ পৰিত্যক্ত কিন্তু হেঁপাহৰ পুৰণি তুলিখন লৈ আনিলেগৈ।

মইনাই একো নামাতিলে। পিছে সেই ৰাতি তাই পাকঘৰ সামৰি, হাত-ভৰি ধুই, লাহেকৈ গৈ নিজৰ বিছনাত বাগৰ দিলেগৈ। কণতিলৌৰ দোষী দোষী ভাবটো যেনিবা অলপ শাম কাটিলে।

মইনা চালাক ছোৱালী। কাজিয়া পেছাল বঢ়াই নাথাকি সংসাৰখন নিঘুনি কৰি চলাবলৈ তাই নজনা নহয়।

চলি থাকিল। গতানুগতিক সিহঁতৰ জীৱন তেনেকৈয়ে চলি থাকিল কেইমাহমান। কিন্তু হঠাৎ সিহঁতৰ ওপৰত ঈশ্বৰে দয়া কৰিয়েই হওক বা এনেয়েও হওক, চকু মেলি চালে। আৰু আচম্বিতে, সিহঁতৰ এই এৰাব নোৱাৰা অসুবিধকণ পলাই পত্ৰঙ দিলে।

এই গোটেই বৃত্তান্তটোৰ ফুল ক্ৰেডিট পিছে কণতিলৌৰ বায়েক কুসুমৰ মাজুপুতেক প্ৰদ্যুম্ন ওৰফে পদুমৰ। পঢ়া-শুনা বাদ দি পিলিং পালাং কৈ ঘূৰি ফুৰা অকৰ্মন্য আৰু সোৰোপা পদুমৰ গত লগাব নোৱাৰি মাকে পঠিয়াই দিলে ভায়েকৰ তালৈ, বোলে "কেইমাহমান থাকি আহ, মোমায়েৰৰ যহতে কাম কাজ শিক, দোকান পোহাৰ চলোৱাৰ কায়দা কিটিপ অলপ জানি বুজি আহ। পিতায়েৰে নহয় দিব খুলি দোকান এখনকে।"

আচলতে তলে তলে মাকে বিচাৰিছিল পুতেকৰ সেই কাজ কৰ্ম নাইকিয়া কেলেহুৱা লগকেইটা আঁতৰ হওক বুলি। নিজৰ পুতেকৰ গাত টোপ এটাও কুসুমে পৰিবলৈ নিদিয়ে। অৱস্থাপন্ন ঘৰৰে ল'ৰা, খালী অলপ দিন দূৰৈত থাকি ভাল হওক বুলিয়েই আলচ কৰি ভায়েক কণতিলৌৰ তালৈ পঠিয়াই দিলে।

পদুম ল'ৰাটো হ'লগৈ এলেহুৱা, যাক বোলে ধোদৰ পচলা। মাকৰ মৰমৰ অতিশয্যাত গায়ে গাৰীয়ে ফুলি এক বিৰাট বপু, ওখও নাই কমেও ছফুট। যোৱাবাৰ মেলাত জোখোতে তাৰ ওজন আছিল প্ৰায় এশ পচপন্ন কিলগ্ৰাম। নোদোকা হাতীটো গোটেইটো। কিন্তু ব্যৱহাৰত অমায়িক আৰু স্বভাৱতে অত্যন্ত ফুৰ্তিবাজ পদুমক মোমায়েক মামীয়েকে বেয়া নাপায়, অৱহেলাও নকৰে। বৰঞ্চ মইনাই সি থাকিবলৈ অহাত ভালেই পালে। দোকানত মাজে মাজে সি নবহা নহয়, বহে। কণতিলৌও অকণমান আজৰি হয়। ঘৰুৱা কামত অৱশ্যে প্ৰকাণ্ড পেতেলা পদুমে বিশেষ সহায় কৰিব নোৱাৰে। হ'লেও সি থকাত মইনাই বেয়া নাপালে।

পদুম অহাৰ পৰা খোৱা-বোৱাবোৰ অলপ বাহুল্য হৈছে সঁচা। পিছে মাছ-মঙহ, ফল-মূল, কাজু-কিছমিছ জাতীয় ফৰ্মাইচি বস্তুবোৰ কেতিয়াবা সি নিজেও মাকে দিয়া হাত খৰচৰ পইচাৰে আনি থাকিল। মামীয়েক মইনাই জুতি লগাই লগাই ৰান্ধি খুৱালে, আৰু  ককায়েকক পাই মইনাৰ ল'ৰা-ছোৱালীহালৰো ৰং চৰিল। পোনাৰতো ফুৰ্তিত ত'তেই নাই। পদুম ককায়েকৰ লগতহে শুব।

কণতিলৌৱে বোলে শো তেনেহ'লে। মইনাই পৰ্ত্তিকৰ সেই এলাগী ডানলপখনতে সিহঁতৰ বিছনা ঠিক কৰি দিলে। মতা ল'ৰা একা, ইহঁতৰনো কি অসুবিধা হ'ব, শোৱক এইখনতে। মইনাই ৰন্ধা সোৱাদ লগা ভাতসাজ খাই ৰাতি এপৰলৈ পোনাহঁতে পদুমৰ সৈতে গল্প কৰে আৰু শেহলৈ টোপনিৰ জালত কলমতিয়াই থকা ছোৱালীকণক বাপেকে দাঙি নি শোৱা কোঠালীৰ বিছনাৰ একাষত শুৱাই দিয়েগৈ। তাৰ পিছত মইনাৰ সৈতে কণতিলৌৱে তাঁহাতৰ নিজৰ ভাল লগা গল্পবোৰৰ ভাণ্ডাৰ খোলেগৈ।

মইনাহঁত টোপনি যায় মানে পৰ্ত্তিকৰ ডানলপত দুই ককায়েক ভায়েক দুৰ্ঘোৰ নিদ্ৰাত পৰে। বেৰৰ কাষৰ ফালে হাত ভৰি মেলি পদুম পৰি থাকে, আৰু এইটো ফালে, কোচ-মোচ খাই পোনা। সি বোলে,
"পদুমকাই মোক কিন্তু টোপনিৰ জালত হাত ভৰি উঠাই চেপেটা কৰি নেপেলাবি।"

নেপেলাই। পদুমে ঠিক নিজৰ ফালটো মেইনন্টেইন কৰি টোপনি মাৰে।

এমাহমান এনেকৈ চলি থাকিল। পদুমৰ ৰসাল কথা, হাঁহিৰ খোৰাক যোগোৱা ফুৰ্তিবাজ স্বভাৱটোৱে ঘৰখনৰ মানুহবোৰক ব্যস্ত কৰি ৰাখিলে।

পিছত এদিন ৰ'দ ওলোৱাৰ দিনা মইনাই ভাবিলে, "ডানলপখন আজি জাৰি জোকাৰি দিওঁ, বিছনা চাদৰখনো ৰ'দোৱাওঁ।"

বাঁহৰ বিছনাজৰা ঝাৰু ডাল লৈ গৈছেহে, ডানলপ দেখিতো তাই অবাক। পদুম শোৱা বেৰৰ কাষৰ ভাগটো চেপেটা হৈ গৈছে! হাত ফুৰাই চোৱাত, কোমল কোমল ভাব এটা পালে।

আই ঔ! এইখনৰ চোন এইভাগতো তেনেই কোমল হৈ গ'ল, ঠিক ককায়েকৰ ঘৰৰখনৰ লেখিয়া। নিজে বহি লৈ চালে, হয়। কোমলেই সঁচা। নোদোকা হাতীহেন পদুমে মৰণা মৰা দি নিজৰ ভাগটো চেপেটা আৰু কোমল কৰি থৈছে। মইনাই এইবাৰ পুতেকৰ ভাগটোত হাত ফুৰাই দেখে, নাই। হুটা।

মইনা চালাক ছোৱালী। সুযোগ চাই কঠীয়া ব'ব জানে।

সেইদিনা গধূলি খাহীৰ তেলাল জোল আৰু জহা চাউলৰ ভাত বাঢ়ি দি তাই পদুমক ক'লে,
"পদুম, তোৰ চাগে ৰাতি গৰমেই লাগে, নহয়নে বোপাই ? তই আজিৰে পৰা বিছনাৰ এইফালে শুবি, ফেনৰ হাৱা ভালকৈ পাবি।"

পদুমে শলাগিলে।

কণতিলৌৱে একো নুবুজিলে।

ইয়াৰ এমাহ পিছত মোমায়েকহঁতৰ আদৰ খাই, এইবাৰ এশ ষাঠি কিলগ্ৰাম হৈ পদুম ঘৰলৈ গ'লগৈ। ল'ৰা-ছোৱালী দুটাৰ লগতে মইনাৰো চকুপানী ওলাল। পোনাই তাক বাছত তুলি দিবলৈ ওলাল, আৰু মইনাই কণতিলৌক ভিতৰলৈ মাতি আনিলে।

"হেৰি, শুৱাব খুজিছিল নহয় ডানলপত, বলক সেইখন শোৱা কোঠাত পাতোঁগৈ।" মইনাই লাজ-লাজকৈ কণতিলৌক কথাষাৰ ক'লে।

কণতিলৌ অবাক হ'ল। মইনাৰ ওঁঠৰ ফাঁকেৰে মিচিকিয়া হাঁহি এটা সৰকি আহিল।

পিছৰ দিনবিলাকত, সেই মিচিকিয়া হাঁহিটো, ঘৰখনৰ চুকে কোণে লাগি ৰ'ল। লখিমী মইনাৰ সুখৰ হাঁহিয়ে ঘৰখন পোহৰাই ৰাখিলে।


পৃষ্ঠা ৩৮
নীলাভ সীমনা

হিৰোচিমা বৰা পাঠক
জু-ৰোড, গুৱাহাটী।

সন্মুখত পৰাপাৰহীন নীলা। পশ্চিমীয়া আকাশত সুমথিৰা ৰঙী বেলিটো এই ডুবু এই ডুবু হৈ ওলমি আছে। এই মুহূৰ্তত দেৱকান্ত বৰুৱা দেৱৰ কবিতাটো বাৰে বাৰে মনলৈ আহিছে, "নীলিম সলীল ৰাশি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত বিয়পি।" 
ওপৰত প্ৰকাণ্ড বাতি এটাৰ দৰে পৃথিৱীখন ঢাকি ৰখা নীলাভ আকাশ, সন্মুখত সমুদ্ৰৰ প্ৰচণ্ড ঢৌবোৰ। ফেনীল ঢৌবাৰে বাৰে বাৰে আহি দুভৰি স্পর্শ কৰি সমুদ্ৰৰ বুকুলৈ যেন হাতবাউলি মাতিছে। 
ডায়েৰীত লিপিবদ্ধ তথ্যবোৰ মিলাই চাইট পৰ্যবেক্ষণ ইতিমধ্যে সমাপ্ত হৈছে। লগত মোৰ দলৰ গুজৰাটৰ শক্তি ৰঞ্জন, অষ্ট্ৰিয়াৰ বাৰ্মুন জেক, ৰাছিয়াৰ ইভা মেহজাবিন আৰু ফিলিপাইনৰ চাৰীয়া।সিহঁতেও চাইট চোৱাত ব্যস্ত।চিনিয়ৰ অফিচাৰ ভিভিয়ানৰ নিৰ্দেশনা অনুযায়ী কথাবোৰ মনোযোগেৰে হৃদয়ংগম কৰি লৈছোঁ।
বহুত সাৱধানতা ল'ব লগা হয় আমাৰ কৰ্মক্ষেত্ৰত। কাইলৈৰ পৰা আমাৰ যাত্ৰা আৰম্ভ। সাগৰৰ তলীৰ তথ্য সংগ্ৰহ তথা জোখ-মাখ এই যাত্ৰাৰ লক্ষ্য।

         এজাক চেঁচা বতাহে মোৰ গালে মুখে স্পৰ্শ কৰি গ'ল। প্ৰশান্তিত চকুহাল মুদি দিলোঁ। নানু আৰু ইপ্সিতাৰ ছবিখন দুচকুত ভাঁহি আহিল।এই সুন্দৰ পৰিবেশত সিহঁত দুজনীৰ সান্নিধ্য কেনে লাগিল হয় ! ভবাৰ লগে লগে মোৰ কান্ধত মূৰ থৈ বিমুগ্ধ নয়নেৰে সাগৰৰ ঢৌবোৰ লক্ষ্য কৰি থকা ইপ্সিতাৰ উমাল অনুভৱ এটাই আৱৰি ধৰিলে। ফুটফুটীয়া চোলাটোৰে দেও দি দি শুকান বালিছৰত জপিয়াই ফুৰা নানুক যেন মোৰ কাষতেই অনুভৱ কৰিলোঁ। 
"এইটো প্ৰজেক্ট শেষ কৰিয়েই নানু আৰু ইপ্সিতাৰ কাষলৈ যাম। কিছু সুখৰ পলে মোক হাত বাউলি মাতিলে। নানুক এবাৰ চাবলৈ বৰ মন গ'ল মোৰ...

       ৰজিতাই ফোনটো দুবাৰত ধৰিলে। নানুক চোৱাচিতা কৰিবলৈ ৰখা হৈছে ৰজিতাক। ইপ্সিতাৰ ব্যস্তত্বপূৰ্ণ বেংকৰ চাকৰি।
হাও হাওকৈ মুখ মেলি কন্দা নানুক দেখি এক মুহূৰ্তৰ বাবে বুকুখন কঁপি উঠিল মোৰ।উদ্বিগ্ন হৈ পৰিলোঁ মই হঠাৎ কি হ'ল নানুৰ ! নানু..নানু..কৈ কেইবাবাৰো মতাৰ পিছত পাপা বুলি কান্দি উঠিল তাই।
ৰজিতা ব্যস্ত হৈ পৰিছে তাইক আব্দাৰ কৰাত। কাপোৰ এখনত বৰফবোৰ মেৰিয়াই নানুৰ হাতত বৰ সৱধানেৰে লগাইছে তাই।

"নানুলৈ বৰ্ণভিতা কাপ বনাবলৈ যাওঁতেই কৰ্ণাৰ ষ্টেণ্ড ডালত উঠিব বিচাৰা নানুক হেঁচা মাৰি ধৰিলে ষ্টেণ্ড ডালে দাদা। হাতখন ফুলি উঠিছে লগতে হাতৰ পতাৰ পৰা ধাৰাসাৰে তেজ বৈছে। বৌ আহিয়েই আছে। ডাক্তৰৰ তালৈ নিব লাগিব।"

      ৰজিতাৰ কথা কেইটাই বুকুখনত যেন খুচ মাৰি দিলে।উস্ , মোৰ গুলপীয়া পুতলাটো! চাৰি বছৰীয়া অবুজ ছোৱালীজনীয়ে কিমান কষ্ট পাইছে চাগে ! নানুৰ যান্ত্ৰণাক মোৰ পিতৃ সত্তাই সহিব পৰা নাই। কি কৰোঁ... কি কৰোঁ মই ? পৰা হ'লে এতিয়াই দৌৰ মাৰিলোঁ হয় নানুৰ কাষলৈ। কিন্তু ইটালীৰ পৰা দিল্লীলৈ ডেৰ দিনৰ যাত্ৰা তাৰোপৰি ফ্লাইটত ফোনৰ পৰাও বঞ্চিত হ'ব লাগিব।লগতে ইতিমধ্যেই চহী কৰি থোৱা চুক্তিপত্ৰ খনৰ কথা নকলোয়েই বা।

        হোটেলৰ আলিছান কোঠাটোত আজি উশাহ চুটি হৈ আহিছে মোৰ। থৰথৰকৈ কঁপিছোঁ মই। এপলকো চকু নজপোৱাকৈ মাথোঁ পৰি ৰৈছোঁ। ইপ্সিতা নানুক লৈ ডাক্তৰৰ চেম্বাৰত। চিটি স্কেনৰ ৰিপোৰ্ট আহিবলৈ এতিয়াও বাকী যদিও হাতখনত গুৰুতৰ আঘাত পাইছে বুলি জনাইছে ডাক্তৰে। কান্দি কান্দি অৱশ নানু। আজি মই কিমান মজবুৰ! নিজৰ ওপৰতেই খং এটা গোজৰি-গুমৰী উঠিছে।

ফোনটো বাজি উঠিল।ইপ্সিতা। 
কন্দনৰত ইপ্সিতাৰ কণ্ঠই মোক বিচলিত কৰি তুলিছে। 
"সোনকালে কোৱা ইছ্যু, ডাক্তৰে কি ক'লে। মোৰ আৰু ধৈৰ্য নোহোৱা হৈ আহিছে"

সিমূৰে কঁপা কঁপা কণ্ঠৰে ইপ্সিতা,"ৰিপোৰ্ট মতে নানুৰ সোঁ হাতখন চিৰদিনৰ বাবে অক্ষম হৈ পৰিছে। হাড়, স্নায়ু আৰু মাংসপেশীৰ মেজৰ ইনজুৰী। ডাক্তৰৰ আদেশ অপাৰেচনৰ সহায়ত হাতখন কাটি পেলোৱা"

       কালিৰ যাত্ৰাৰ বাবে ঠিক কৰি থোৱা লাগতিয়াল বস্তুবোৰলৈ আৰু এবাৰ মবাইলৰ স্ক্ৰীনত থকা নানুৰ ফটোখনলৈ চালোঁ। মূৰটো আচণ্ডাই কৰিছে মোৰ। লাহে লাহে আন্ধাৰ হৈ আহিছে মোৰ চাৰিওদিশ। মোৰ কৰ্ণকুহৰত প্ৰতিধ্বনিত হৈ ৰৈছে কেৱল নানুৰ কথাবোৰ...

"ময়ো তোমাৰ দৰে আণ্ডাৰ ৱাটাৰ ডাইভিং কৰিম পাপা।সাগৰৰ তলীৰ তথ্যবোৰ বিচাৰি আনিম, ৰং বিৰঙি মাছবোৰ, গছবোৰক মই বন্ধু সাজিম...।"

পৃষ্ঠা ৩৯
গ্ৰন্থ পৰ্যালোচনাঃ

দহন (ৰঞ্জু হাজৰিকা)


পৰ্যালোচনাঃ কৰবী গগৈ

গ্ৰন্থখনৰ পৰিচয়ঃ 
অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক ৰঞ্জু হাজৰিকা দেৱৰ ৰচিত এখন সামাজিক উপন্যাস হৈছে "দহন"৷ পাণবজাৰ, গুৱাহাটী-১, বনলতা প্ৰকাশনৰ পৰা ২০০৫ চনৰ মে' মাহত গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল৷ প্ৰকাশক আছিল অনন্ত হাজৰিকা৷ বত্ৰিশটা খণ্ডত বিভক্ত ২৬০ পৃষ্ঠা জুৰি থকা গ্ৰন্থখনা প্ৰতিটো পৃষ্ঠাই সমাজ জীৱনৰ বাস্তৱ ছবি প্ৰকাশ কৰে৷
 
গ্ৰন্থখনৰ বিষয়বস্তুঃ 
"দহন"- উপন্যাসখনৰ এই নামটোৱেই মনত কৌতূহল সৃষ্টি কৰে৷ কিন্তু উপন্যাসখন নপঢ়িলে নামটোৰ পৰা ভিতৰচোৱাৰ কাহিনী অনুমান কৰিব পৰাটো কঠিন৷ উপন্যাসখনত লেখকে গাওঁ আৰু চহৰৰ সমাজ ব্যৱস্থাক সুন্দৰকৈ উপস্থাপন কৰিছে৷ গাওঁৰ প্ৰাকৃতিক সৌন্দৰ্য সহজ-সৰল মানুহবোৰ, এজনৰ আনজনৰ প্ৰতি থকা সহানুভূতি, আন্তৰিকতা আদিবোৰৰ তুলনাত চহৰৰ মানুহবোৰৰ ব্যস্ততাৰে ভৰা জীৱন, হিংসা, ঈৰ্ষা, অহেতুক  শত্ৰুতা, কুটিলতা আদিবোৰ সফলতাৰে উপন্যাসখনত প্ৰকাশ কৰি লেখকে জনসমাজক সচেতন কৰাৰ চেষ্টা কৰিছে৷ তাৰোপৰি উপন্যাসখনত লেখকে সত্যজিত আৰু লিপিকাৰ চৰিত্ৰ দুটাৰ মাজৰে প্ৰেমৰো এক  সুন্দৰচিত্ৰ অংকন কৰিছে ফলত উপন্যাসখন অধিক আকৰ্ষণীয় হৈ পৰিছে৷

গাওঁত সহজ-সৰল জীৱন যাপন কৰা সত্যজিত আৰু লিপিকাই উচ্চ শিক্ষাৰ বাবে চহৰলৈ যায়। কিন্তু সেই পৰিৱেশত নিজকে খাপ খোৱাবলৈ দুয়োৰে বহুত অসুবিধা হয়৷ বেয়া সংগত পৰি লিপিকা কিছু অপকৰ্মত লিপ্ত হয়। কিন্তু সত্যজিতে বন্ধুত্বৰ দায়িত্ব পালন কৰি তাইক উদ্ধাৰ কৰিবলৈ অশেষ কষ্ট কৰে । আনফালে সত্যজিতো অজানিতে ছাত্ৰ একতা সভা নিৰ্বাচন নামত ইন্দ্ৰনীলৰ দৰে ক্ষমতাশালী উদণ্ড যুৱকৰ শত্ৰুতা আৰু আক্ৰোশৰ বলী হ'ব লগা হয় ৷ কিন্তু সততাৰ পক্ষত থিয় দি সত্যজিতে অৱশেষত সমস্যাবোৰ জয় কৰিবলৈ সক্ষম হয় আৰু নিজৰ বান্ধৱীগৰাকীকো সৎ পথলৈ উভতাই আনে ৷ জাতিৰ ভেদাভেদৰ নামত এচামে কেনেকৈ আনৰ ওপৰত অত্যাচাৰ চলাই আত্মসন্তুষ্টি লভিব পাৰে সেই কথাও উপন্যাসখনত প্ৰকাশ কৰিছে যদিও একে সময়তে তেজৰ সম্পৰ্ক নথকা স্বত্বেও ছাত্ৰসকলে কিন্তু মানৱীয়তাৰ নিদৰ্শন দেখুৱাই বিনোদ চাচাক কৰ্মসংস্থাপনৰ লগতে স্থায়ীকৈ বসবাস কাৰ সুবিধা কৰি দিয়াৰ ছবিৰো প্ৰতিফলন ঘটিছে উপন্যাসখনত৷ উপন্যাসখনত মানৱ ধৰ্মই যে সকলোতকৈ উৎকৃষ্ট এই কথা লেখকে সফলতাৰে দাঙি ধৰিছে৷ 

গাঁৱৰ পৰা চহৰত শিক্ষা লবলৈ অহা এচামে বেয়া পথেৰে পৰিচালিত হৈ নিজৰ জীৱন ধ্বংস কৰি শেষত মৃত্যুক সাৱটি লোৱাৰ দৰে কৰুণ সত্যয়ো উপন্যাসখনত ঠাই পাইছে৷ তাৰোপৰি ভিন্ন সমস্যাৰ বাবে হতাশ হৈ সত্যজিতে পঢ়া সামৰি ঘৰলৈ উভতি যোৱাত মনোজ, বিজিতকে আদি প্ৰফেচাৰ ৰাজখোৱাৰ দৰে লোকে সহায়ৰ হাত আগবঢ়াই মানৱীয়তা তথা মহানুভৱতাৰ শ্ৰেষ্ঠতম নিদৰ্শন  দেখুৱাইছে।

"দহন" প্ৰকৃতাৰ্থত এখন সফল সামাজিক উপন্যাস৷ জীৱনৰ আৰম্ভণি সময়চোৱাত উপন্যাসখন প্ৰতিজন ছাত্ৰ তথা নৱপ্ৰজন্মই অধ্যয়ন কৰা উচিত৷ এনে একে অতুলনীয় সৃষ্টিৰে লেখকে জনসমাজক মূল্যৱান সম্পদ আগবঢ়ালে৷ উপন্যাসখন জীৱনৰ সঠিক পথ বাছি লোৱাত সহায়কাৰী তথা সমস্যাৰ বাবে বিভ্ৰান্ত নহৈ সততাৰে জীৱন জীয়াৰ সমলস্বৰূপ৷

পৃষ্ঠা ৪০
শেষ পৃষ্ঠাৰ লেখাঃ

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত
জাতীয় চেতনা 

পৰিণীতা কলিতা
সহ সম্পাদক, অঙ্গন

“মোৰ কবিতাৰ ছন্দ লাগি,
স্পন্দন তোৰ জাগেনে;
কথা মালিতাৰ গন্ধ লাগি,
সোণৰ সপোন ভাগেনে।

"নাচে তৰা ছন্দে ছন্দে,
বিশ্ব ভৰা মহানন্দে;
সেই উলাহত হৰষ লাগি,
হিয়াত নাচোন উঠেনে।
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ,
বাজে মন বাঁহী মোৰ;
… সেই সুৰতেই শাঁত কৰি লৈ,
পৰিবনে হিয়া জুৰ ।”

——-বিষ্ণু প্ৰসাদ ৰাভা


১৯০৯ চনৰ ৩১ জানুৱাৰী, তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ঢাকা চহৰৰ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰাইফলছৰ আৱাসিক এলেকাত আনন্দৰ ৰোল উঠিল। বংগৰ গৱৰ্ণৰৰ এডিকং চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ পত্নী গেঠী ৰাভাই এক সুদৰ্শন পুত্ৰ সন্তান জন্ম দিছে। পুত্ৰ সন্তানটিৰ নাম ৰাখিলে বিষ্ণুপ্ৰসাদ। আৰু সকলোৱে ঘৰত মৰমতে মাতে ‘সুটো’ বুলি। বিষ্ণুপ্ৰসাদ আছিল পিতৃ-মাতৃৰ অষ্টম সন্তান। 

   বিষ্ণুপ্ৰসাদ ৰাভাক ৫ বছৰ বয়সত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছিল। প্ৰথমতে তেওঁক ইংৰাজী স্কুলত নাম লগাই দিছিল কিন্তু বিষ্ণুপ্ৰসাদে চাহাবৰ ল’ৰা-ছোৱালীৰ লগত পঢ়িবলৈ মন নকৰাত তেওঁক উৰ্দু মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি দিলে। বিষ্ণুপ্ৰসাদ ৰাভাক পাঁচটা ঘোঁৰাই টনা ঘোঁৰাবাগিৰে স্কুললৈ অনা-নিয়া কৰিছিল। পঢ়া-শুনাৰ লগতে বিষ্ণু ৰাভাই সংগীত, বাদ্য আৰু নৃত্যৰ শিক্ষাও লাভ কৰে। 

   বিষ্ণু ৰাভাৰ পিতৃ গোপাল ৰাভাই অৱসৰ গ্ৰহণ কৰি তেজপুৰত স্থায়ীভাৱে বাস কৰাৰ উদ্দেশ্যে তাতে ঘৰ-দুৱাৰ নিৰ্মাণ কৰে। অৱসৰৰ পাছত তেওঁ তেজপুৰত ব্ৰিটিছ চৰকাৰৰ পৰা দুহেজাৰ বিঘা ভূমি লাভ কৰে। তাৰপাছত ৰাভাদেৱৰ পৰিয়াললৈ নামি আহে ঘোৰ অন্ধকাৰ। ১৯১৭ চনৰ নৱেম্বৰ-ডিচেম্বৰত ৰাভাদেৱৰ পিতৃ গোপাল ৰাভাদেৱ স্বৰ্গগামী হয়। তাৰপাছতেই ৰাভাদেৱৰ পৰিয়ালৰ আৰ্থিক অৱস্থা নিম্নগামী হৈ আহিব ধৰে। সকলো আওকাণ কৰি বিষ্ণু ৰাভাই পুনৰ তেজপুৰতে তেওঁৰ স্কুলীয়া শিক্ষা আৰম্ভ কৰে আৰু লগতে সংগীত, নৃত্য, বাদ্য আৰু শিল্পকলাৰ চৰ্চাও অব্যাহত ৰাখে। তেজপুৰ হাইস্কুলত তেওঁ সকলোফালেই পাৰদৰ্শিতা দেখুৱাই সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। স্কুলৰ বাৰ্ষিক ক্ৰীড়াত তেওঁ সকলোতকৈ বেছি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। বিষ্ণু ৰাভাদেৱে এই সকলোবোৰৰ লগতে খেলা-ধূলাটো পাৰ্গত আছিল। ফুটবল তেওঁৰ প্রিয় খেল আছিল। তেওঁ চেণ্টাৰ ফৰৱাৰ্ড খেলি ভাল পাইছিল। স্কুলৰ সভাবিলাকত তেওঁ নিজে গীত ৰচি সুৰ দি গাইছিল। 

অসমীয়া সংগীত জগতলৈ বিষ্ণু ৰাভাৰ অৱদান অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব। কিয়নো তেওঁৰ প্ৰতিটো গীতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বাৰা ৰচিত প্ৰতিটো গীততে প্ৰাণ পাই উঠিছিল অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা, জাতীয় চেতনাবোধ। তেওঁৰ কিছুমান গীতত অসমৰ প্ৰাকৃতিক পৰিৱেশো ফুটি উঠা দেখা গৈছে 
“বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল…….”,

 “টিলাই টিলাই ঘুৰি ফুৰে উলাহৰে………”, আদি। 

ইয়াৰ উপৰিও
 “মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে….”,

 “আজি মন্দিৰৰ দুৱাৰ খোলা…..”,

 “ বিশ্বৰ ছন্দে ছন্দে মহানন্দে…..” 

‘পৰজনমৰ শুভলগনত’

 আদিৰ দৰে কালজয়ী গীত ৰচনা কৰি অসমীয়া সংগীতৰ জগতখনক এঢাপ আগুৱাই নিছিল।

তেওঁৰ গীত আৰু কবিতা সমুহত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা জিলিকি উঠিছিল। স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত গীত সমূহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জাগাই তুলিছিল। এই গীত সমূহৰ ভিতৰত 
“অসমীয়া ডেকাদল……”,

 “আই মোৰ ভাৰতী জননী…..”,

 আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত

 “আমি বিপ্লৱী পথৰে যাত্ৰী”

 কবিতটিত বিপ্লৱৰ ভাৱধাৰা প্ৰকটমান। স্বাধীনতা আন্দোলনৰ বতাহ ছাটিয়ে বিষ্ণু ৰাভাকো কোবাইছিল সেয়ে তেওঁৰ কলমৰ কাপৰ পৰা নিগৰি ওলাইছিল বিপ্লৱী গান আৰু বিপ্লৱী কবিতা। অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁৰ সংগীত সমূহক “ৰাভা সংগীত” হিচাপে ঘোষণা কৰা হৈছে। অসমীয়া সংগীতৰ জগতত ‘ৰাভা সংগীত’ সমূহ যুগে যুগে কালজয়ী হৈ থাকিব অসমবাসীৰ হাতত।

কেৱল সংগীত জগতখনতেই নহয় এজন অভিনেতা হিচাপে ৰাভাই ‘তেজপুৰৰ বান ৰঙ্গমঞ্চ’ত নিয়মীয়াকৈ অভিনয় কৰাৰ উপৰিও পিছলৈ ‘যাত্ৰা’ পাৰ্টিত অভিনয় কৰিছিল। তেওঁ ‘যাত্ৰা’ পাৰ্টিতেই সীমাবদ্ধ হৈ নাথাকি অসমীয়া বোলছবি ‘এৰা বাটৰ সুৰ’, ‘প্ৰতিধ্বনি’ আদিত অভিনয় কৰিছিল। প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ নিৰ্মাণত জ্যোতি প্ৰসাদ আগৰৱালাক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ উপৰিও তেখেতে ‘জয়মতী’ বোলছবিৰ নৃত্য পৰিচালনা কৰিছিল। ‘হিন্দু বিশ্ববিদ্যালয়ত’ প্ৰদৰ্শন কৰা “নটৰাজ” নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ‘ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে’ তেখেতক ১৯৩৯ চনত ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ বুলি জনা গৈছিল।

এইজনা বৰেণ্য পুৰুষে কেৱল অভিনয় বা সংগীত চৰ্চাতে ব্যস্ত থকা নাছিল। তেওঁ গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতিৰ বিষয়ক প্ৰৱন্ধ পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ ‘মিচিং কনেং’ নামৰ এখন উপন্যাস ৰচনা কৰাৰ উপৰিও ‘সোণপাহী’, ‘মামীৰ হাৰ’, ‘কুৰি বছৰ জেইল’, ‘জাল কেছ’, ‘হিয়াৰ পুং’, ‘ফুংকা’ (বড়ো ভাষাত ৰচিত) কেইবাটাও গল্প, ‘গেঙনি ৰেঙনি’ নামৰ নাটক, ‘অসমীয়া কৃষ্টিৰ চমু আভাস,’ ‘অতীত অসম’, ‘মুক্তি দেউল’ আদিৰ দৰে প্ৰৱন্ধ লিখি অসমীয়া সাহিত্যৰ জগতখন জিলিকাই থৈ গৈছে।

জীৱনৰ শেষৰ ফালে ৰাভাদেৱে তেওঁৰ মৃত্যুৰ কথা অনুভৱ কৰিয়েই হয়তো লিখিছিল

 ‘এয়ে মোৰ শেষ গান, মোৰ জীৱন-নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান…………..,’

সেইয়াই যেন শেষ গান আছিল তেওঁৰ বাবে। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভূগি এইজনা অসমীয়া সংস্কৃতিৰ সাধক, অসমীয়া সংস্কৃতিৰ পূজাৰী ৰাভাদেৱে ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২.২৫ বজাত তেজপুৰত মৃত্যুক সাৱটি ল'ব লগা হয়।

তেখেতেৰ মৃত্যুদিনটোৰ প্ৰতি সন্মান জনাই অসমবাসী ৰাইজে “ৰাভা দিৱস” হিচাপে পালন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি গৈ থাকিব। আমি ভাৱো কেৱল ‘ৰাভা দিৱস’ পাতিলেই নহ’ব বিষ্ণু ৰাভাক জীয়াই ৰাখিবলৈ হ’লে তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰাখিব লাগিব। তেওঁৰ সৃষ্টিৰাজি বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থাও হাতত ল'ব লাগিব । তেতিয়াহে হয়তো ৰাভাদেৱৰ সকলো কলা কৃষ্টি আমাৰ মাজত জীয়াই থাকিব।


ঠিকনাঃ
গুৱাহাটী বিশ্ববিদ্যালয়
( স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিক)
আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ )
টিহু,নলবাৰী ( ৭৮১৩৭১)
ফোন:  ৯১২৭৫৬৪১২৪

পৃষ্ঠা ৪১


Post a Comment

1 Comments