অঙ্গন (১৫ নৱেম্বৰ, ২০২০)

 পৃষ্ঠা ১

বেটুপাতঃ ১



পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰিবলৈ
অনুৰোধ জনোৱা হ'ল।



অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰত

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
28 নৱেম্বৰ, 2020

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ পৃষ্ঠা ৫
উৎসৱ,আনন্দ আৰু আমাৰ কৰণীয়

২/ প্ৰৱন্ধ: পৃষ্ঠা ৬-৮
ক/ বদনচন্দ্ৰ বৰফুকন আৰু মানৰ আক্ৰমণঃ এক পুনৰীক্ষণ ( প্ৰণৱ ফুকন)
খ/ শাওন মাহত ব্ৰত ৰখাৰ কাৰণ (জিলমিল বৰদলৈ)
গ/আঞ্চলিকতাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ (মনোজ কুমাৰ বৰুৱা)

৩/ ধাৰাবাহিক উপন্যাসঃঃ পৃষ্ঠা ৯-১১
ক/ধুমুহাই ভঙা সপোন (দুৰ্গেশ্বৰ শইকীয়া)
খ/ অভিশ্ৰুতি (চয়নিকা বৰুৱা)
গ/ পথভ্ৰষ্ট ডিম্বাণু (ধাৰাবাহিক গল্প) (বাস্তৱ বৰা)

৪/ অণুগল্পঃঃ পৃষ্ঠা ১২
ক/ অবৈধ ( হেমা চৌধুৰী গগৈ)
খ/ শাকৰ টেঙা (অৰিন্দম গোস্বামী)
গ/বিয়লিৰ সঙ্গী (বন্দনা দত্ত)

৫/ এক মিনিটৰ গল্পঃ পৃষ্ঠা ১৩-১৪
ক/ অন্য এক প্ৰেম ( ৰূপালীম মহন্ত)
খ/ ৰিটায়াৰ্ড (বন্দিতা তিলুকদাৰ)

৬/ অনুবাদ কবিতাঃ পৃষ্ঠা ১৫-১৬
ক। সেই দিনাই দীপাৱলী হয় (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ হিন্দীঃ অটল বিহাৰী বাজপেয়ী
খ। দিশ (অনুবাদঃ প্ৰাঞ্জল কুমাৰ লাহন)
মূলঃ হিন্দী ( কেদাৰনাথ সিং)

৭/কবিতাঃঃ পৃষ্ঠা ১৭-৩১
ক/মামণি বা, তুমি অতুলনীয়া (ৰেখা বৰকটকী)
খ/ৰাতি (মঞ্জিত হাজৰিকা)
গ/আপোনাৰ প্ৰতিশ্ৰুতিৰ শব্দত সাৰপোৱা হৃদয়ৰ কোঠালীটো (নিতুমণি গগৈ)
ঘ/মই জোনাক ভালপাওঁ (মাধূৰ্য্য বৰা)
ঙ/ কবিতা (যুগল সন্দিকৈ)
চ/ অবাৰ্চীন (গীতা শৰ্মা)
ছ/প্ৰিয়তমা(জিমিৰেখা শৰ্মা)
ছ/ নীল ৰঙী অনুভৱ (অসমা তুংখুঙীয়া)
জ/ আহ্বান (ঊষা বৰপূজাৰী)
ঝ/তুমিহীনতাৰ সুবাসেৰে সুবাসিত গানটি (হেৰম্ব জ্যোতি)
ঞ/জীৱন (মনচুমী কলিতা নাথ)
ট/ প্ৰকৃতিৰ বিভিন্ন ৰূপ (ৰঞ্জনা শৰ্মা)
ঠ/ স্মৃতি (দীপালী শইকীয়া গগৈ)
ড/ বাপু তুমি দেখিছানে (কবিতা দেৱী)
ঢ/আলাপ (মিনাক্ষী গগৈ)

৮/ অনুভৱঃঃ পৃষ্ঠা ৩২-৩৩
ক/ বৰষুণ (প্ৰীতি ৰেখা দাস)
খ/শৰতৰে সেমেকা ৰাতি
শুনিছো নিয়ৰৰ ৰুণজুন....(দীক্ষা বৰা)

৯/ নিৱন্ধঃ পৃষ্ঠা ৩৪
শিৱসাগৰৰ ঐতিহ্য ( পূৰ্ণিমা বৰুৱা)

১০/ ৰসাল গল্পঃ পৃষ্ঠা ৩৫
ভ্ৰমণ ভ্ৰান্তি (শ্যামলিমা কাকতি)

১১/ ভ্ৰমণ কাহিনীঃঃ পৃষ্ঠা ৩৬
মোৰ ভ্ৰমণ ডায়েৰী-৭
বাৰ'লি মন্দিৰ আৰু চাৰৰ্ভূজা (শৰ্মীষ্ঠা বৰ্মন)

১২/ নীলা খামৰ চিঠিঃঃ পৃষ্ঠা ৩৭
ঋদ্ধি কাশ্যপ

১৩/ শিশু সাহিত্যঃঃ পৃষ্ঠা ৩৮
সপোন আৰু শিশু ( ৰাজশ্ৰী বৰা)

১৪/ অনুবাদ গল্পঃপৃষ্ঠা ৩৯
বিছ বছৰ পিছত (অনুবাদঃ উপাসনা কাকতি)
মূলঃ After Twenty Years by O' Henry

১৫/ গল্পঃঃ পৃষ্ঠা ৪০-৪১
ক/ বিসৰ্জন (অখিল চক্ৰৱৰ্তী)
খ/ সম্ৰাজ্ঞী (পমি গগৈ)

১৬/ ৰেচিপিঃ পৃষ্ঠা ৪২
কৰজা টেঙাৰ আচাৰ (মুনমী গগৈ)

১৭/ গ্ৰন্থ পৰিচয়ঃঃ পৃষ্ঠা ৪৩
মই কল্যাণী ( হেমেন নাথ)

১৮/ সাক্ষাৎকাৰঃঃ পৃষ্ঠা ৪৪
কিশোৰী মোহন পাল ( সংগ্ৰাহকঃ পবিত্ৰ গায়ন)

১৯/ নিয়মীয়া শিতানঃঃ পৃষ্ঠা ৪৫-৪৬
ক/জ্ঞানৰ সঁফুৰা
খ/শব্দৰ যঁ‌ট‌্পট‌্‌

২০/ শেষ পৃষ্ঠাৰ লেখাঃঃ পৃষ্ঠা ৪৭
প্ৰথমৰ দিনটো (ভাস্কৰ জ্যোতি ডেকা)

২১/ কৌতুকঃঃ পৃষ্ঠা ৪৮
(কৃষ্ণা ময়ূৰী হাজৰিকা)


পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  পৰিস্মীতা পৰাশৰ।
ঠিকনা:  দেৰগাঁও, গোলাঘাট।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া,, প্ৰস্তুতি শৰ্মা, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।


পৃষ্ঠাঃ ৫


সম্পাদকীয়ঃ

উৎসৱ,আনন্দ আৰু আমাৰ কৰণীয়

''মাটিৰ চাকিত 
পোহৰ জন্মে
চৌপাশে আলোক সিঁচে
পৃথিৱীৰ এনিশা 
জিলিকি উঠে
হৃদ‌য় আনন্দত ভৰে।''
    পোহৰৰ উৎসৱ দিপাৱলী আমাৰ সকলোৰে প্ৰিয়।প্ৰতিবছৰে আমি এই দিনটোৰ অপেক্ষাত ৰৈ থাকো। চৌদিশে পোহৰ হ'ব, আমাৰ ঘৰৰ, আমাৰ পদূলি,আমাৰ গাঁৱত আন্ধাৰৰ চিন নোহোৱাকৈ চাকি জ্বলিব আৰু এই আশা বাস্তৱ কৰি আমি সকলোৱে পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্ৱলন কৰোঁ। লগে লগে আমি বিচৰাৰ দৰে চাৰিওকাষে পোহৰে বাহৰ পাতে।মনটো যে কিমান ভাল লাগে, নিজৰ চৌপাশে পোহৰ কেৱল পোহৰে দেখি। এনেকৈয়ে  দীপাৱলী উৎসৱে আনন্দ প্ৰদান কৰে । কিন্তু ধুম ধাম, ধুম ধাম, ওৰে ৰাতি ফটকা, বোমা ফুটাই আনন্দ কৰিলেহে আমি উৎসৱ উদযাপন কৰা হয় জানো? কৃত্ৰিম ভাবে প্ৰস্তুত কৰা দেৱালীৰ বিশেষ আকৰ্ষণীয় ফটকা, ফুলজাৰি, ৰকেট, কেৰেলুৱা আৰু বিভিন্ন ধৰণৰ বোমা-এইবোৰতে আনন্দ নে?
   মাটিৰ চাকিত তেল শলিতাই দিয়া পোহৰকণতে প্ৰকৃত আনন্দ বিৰাজমান । এই পোহৰ যেতিয়া আমাৰ চোতাল আৰু পদূলি সজাই তোলে মনটোত এক অবুজ অনুভবে দোলা দিয়ে। চৌপাশে আন্ধাৰৰ গোন্ধ নোহোৱা এই নিশাটোত ওপঙি আহে এচাটি শান্তিৰ মলয়া। হৃদয় শাঁত কৰি আমাক যেন কৈ যায় হৃদয়ৰ মাজতেই সুখ আছে।
কেৱল দেৱালী উৎসৱেই যে মনলৈ আনন্দ আনে এনে নহয়। উৎসৱ মানেই এক আনন্দমুখৰ পৰিৱেশ।বিহু, ঈদ, বৰদিন, দুৰ্গা পূজা, দেৱালী, বাথৌ পূজা, আলিআই লৃগাং আদি উৎসৱে অসমৰ স্বকীয় পৰিচয় দাঙি ধৰাৰ লগতে সকলোৰে মাজত সহযোগিতা বৃদ্ধি কৰাৰ সুবিধা দান কৰে। আমি আমাৰ পৰম্পৰা ৰক্ষা কৰি এই উৎসৱসমূহ পালন কৰাটো যিদৰে জৰুৰী একেদৰে এই উৎসৱ পালনে যাতে আন জীৱ জন্তু তথা প্ৰকৃতিৰ অনিষ্ট নকৰে তাৰ প্ৰতি সচেতন হোৱাটো সমানেই জৰুৰী। কিয়নো বৰ্তমান সময়ত দেখা গৈছে যে আমি আমাৰ সুখৰ বাবেই অমাত জীৱকুলৰ ক্ষতি কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছো। যদি আমি সচেতন তেন্তে দেৱালীৰ নামত আটচবাজি ফুটাই চৰাই চিৰিকটিবোৰক ভয়ত পেপুৱা লগাবলৈ অলপ ভাবিলোহেঁতেন।
   বৈচিত্ৰময় অসমত প্ৰতিজনৰে উৎসৱ পালনৰ অধিকাৰ আছে। আমি সকলোৱে এজনে আনজনৰ উৎসৱত অংশগ্ৰহণ কৰি, আনন্দ বৰ্ধন কৰি নিজেও তাৰ অংশীদাৰ হ'ব লাগে। তেতিয়া আমাৰ মনৰ সম্প্ৰীতি বাঢ়িব। আমি প্ৰত্যেকে সুখী হ'ব পাৰিম। লগতে আমি উৎসৱ পালন কৰোঁতে যাতে আমাৰ প্ৰকৃতিৰ অনিষ্ট সাধন নহয় সেইকথাত গুৰুত্ব প্ৰদান কৰিব লাগিব। তেতিয়াহে এই উৎসৱ পালনে মনলৈ প্ৰকৃত সুখ কঢ়িয়াই আনিব।

হেমেন নাথ
সম্পাদক
(9678696861)
অঙ্গন, পষেকীয়া ই-আলোচনী




পৃষ্ঠাঃ ৬

প্ৰৱন্ধঃ

বদনচন্দ্ৰ বৰফুকন আৰু মানৰ আক্ৰমণ:
এক পুনৰীক্ষণ

প্ৰণৱ ফুকন
দিল্লী
 (ফোন: +৯১-৮৮২৬৮০৩০৩০)

উপক্ৰমণিকা: স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যুৰ পাছত ১৭৯৪ চনত  চুক্লিংফা ওৰফে কমলেশ্বৰ সিংহই আহোম ৰাজ্যৰ সিংহাসন আৰোহণ কৰে ৷ মোৱামৰীয়া বিদ্ৰোহে জুৰুলা কৰা আহোম ৰাজ্যৰ প্ৰশাসনৰ মুখ্য ভাৰ বুঢ়াগোহাঁই পূৰ্ণানন্দৰ হাততে থাকিল ৷ বুঢ়াগোহাঁই পদৰ অন্যতম প্ৰাৰ্থী উচ্চাকাংক্ষী বিষয়া বদনচন্দ্ৰক পূৰ্নানন্দৰ পৰামৰ্শক্ৰমে স্বৰ্গদেৱে পশ্চিম অসমৰ প্ৰশাসক বৰফুকন হিচাপে নিযুক্তি দিয়ে ৷ বদনৰ বাবে গড়গাঁৱৰ পৰা আঁতৰি গুৱাহাটীত বৰফুকন হৈ থকা শাস্তিস্বৰূপহে আছিল; কাৰণ গড়গাঁৱৰ পৰা দূৰত থকা মানে প্ৰশাসনৰ ক্ষেত্ৰত নিজ প্ৰতিপত্তি হেৰুওৱা বুলি বদনে গণ্য কৰিছিল ৷ আনহাতে ৰাজ্যৰ হিতৰ বাবে বুঢ়াগোঁহায়ে নিৰ্বিঘ্নে কাম কৰিবৰ বাবে বিভিন্ন পদত নিজৰ বিশ্বাসী বিষয়া নিয়োগ কৰে ৷ এই কথাত বদনে সন্দেহৰ অৱকাশ দেখা পাইছিল আৰু ভিতৰে - ভিতৰে দুয়োজনৰ মাজত শত্ৰুতাই বাহ লৈছিল; অৱশ্যে মুখেৰে এনে কোনো ভাৱ এজনেও দেখুওৱা নাছিল ৷ বৰং নিজৰ জীয়ৰী পিজৌ গাভৰুক পূৰ্ণানন্দৰ পুতেকলৈ বিয়া দি পাৰিবাৰিক সম্বন্ধ স্থাপন কৰি বদনে পূৰ্ণানন্দৰ বিশ্বাসভাজন হ’বলৈহে চেষ্টা কৰে ৷ 

গুৱাহাটীত বৰফুকনৰ পদত থকাৰ অনিচ্ছুক বদনৰ খং-বিদ্বেষৰ বলি হৈছিল পশ্চিম অসমৰ ৰাইজ ৷ সেই অঞ্চলৰ লোকক অবমাননা কৰা, অনাহক অত্যাচাৰ কৰা বদনৰ স্বভাৱ হৈ পৰিছিল ৷ এই অঞ্চলত এসময়ত ডেকেৰী বা ঢেকেৰী বুলি এখন ৰাজ্য আছিল; সেয়ে ইয়াৰ লোকসকলক ঢেকেৰী বোলা হৈছিল ৷ কিন্তু বদনে এই শব্দটো এই লোকসকলক তিৰস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ ধৰে ৷ সেয়ে ৰাইজ লাহেলাহে অসন্তুষ্ট আৰু বিদ্ৰোহাত্মক হৈ পৰে ৷ প্ৰশাসনৰ গুৰু দায়িত্বৰ প্ৰতি বদনৰ আছিল অনীহা ৷ গতিকে ৰাইজৰ অসন্তুষ্টিৰ উমানো তেওঁ পোৱা নাছিল ৷ এই অসন্তুষ্টিৰ ফলশ্ৰুতিত ১৭৯৮ চনত হৰদত্ত চৌধুৰী আৰু বীৰদত্ত চৌধুৰী নামৰ দুজন ভাতৃৰ নেতৃত্বত বিদ্ৰোহে মূৰ ডাঙি উঠে ৷ ভ্ৰাতৃদ্বয়ে কিছু কছাৰীলোক তথা হিন্দুস্তানী আৰু পঞ্জাৱী বৰকান্দাজেৰে সৈনাবাহিনী গঠন কৰি ৰঙিয়াত ৰাজধানী পাতি স্বাধীনতা ঘোষণা কৰে ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰৰ কামৰূপ আৰু দক্ষিণৰো অনেক ঠাই বিদ্ৰোহী সকলৰ কবলত পৰে ৷ হিন্দুস্তানী আৰু শিখ বৰকান্দাজক স্থানীয় ৰাইজে ডুমডুমীয়া বা দন্দুৱা বুলিছিল আৰু সেয়ে এই বিদ্ৰোহ দন্দুৱা দ্ৰোহ নামে জনাজাত হয় ৷ এচাম বুৰঞ্জীবিদৰ মতে বদনে বুজিব নোৱাৰিলে এই বিদ্ৰোহৰ কাৰণ কি আৰু সেয়ে এই দ্ৰোহক সৰু কথাত কাজিয়া কৰা দন্দুৱা/ দন্দুৰাবোৰৰ উপদ্ৰৱ বা দন্দুৱা দ্ৰোহ আখ্যা দিয়ে ৷

বিদ্ৰোহ দমন কৰাত বদনচন্দ্ৰ সম্পূৰ্ণ বিফল হয় ৷ গতিকে পূৰ্ণানন্দই বদনক নিলম্বিত কৰি কলীয়া ভোমোৰাক বৰফুকন পাতি বিদ্ৰোহ দমনৰ ভাৰ দিয়ে ৷ এই নিলম্বন বদনৰ বাবে গেলাতে টেঙা দিয়াৰ দৰে হ’ল ৷ তথাপি তেওঁ লগে লগে কোনো বৈকল্পিক কাৰ্য্যব্যৱস্থা হাতত নল’লে ৷ বুঢ়াগোঁহাই পূৱ অসমত বিদ্ৰোহ দমনত ব্যস্ত থকাত কলীয়া ভোমোৰাৰ সাহাৰ্য্যৰ্থে সেনা পঠাব নোৱাৰিলে; গতিকে এইজনা বিষয়াই নিজাববীয়াকৈ সেনা গোটাই দন্দুৱা দ্ৰোহ দমন কৰে ৷ ১৮০০ চনৰ ১ জানুৱাৰী তাৰিখে দুই বিপ্লবী ভাতৃক ৰাজহুৱাকৈ নিৰ্মম ভাৱে বধ কৰোৱা হয় ৷ কিন্তু কলীয়া ভোমোৰাৰো অচিৰেই মৃত্যু ঘটাত বদনচন্দ্ৰক পুনৰবাৰ বৰফুকন নিযুক্ত কৰা হয় ৷ বদনে বাটৰ কাঁইট পূৰ্ণানন্দক আঁতৰাবলৈ অভিসন্ধি আৰম্ভ কৰিলে ৷ কথাৰ ভূ পাই পূৰ্ণানন্দই বদনক আটক কৰিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক দায়িত্ব দিয়ে ৷ কিন্তু পিজৌ গাভৰুৱে ইয়াৰ উমান পাই পিতাকক আগতীয়াকৈ সতৰ্ক কৰি দিয়াত বদনে গুৱাহাটী এৰি কলিকতালৈ পলায়ন কৰে ৷ 

বদনৰ দেশদ্ৰোহীতা আৰু মানক দিয়া আমন্ত্ৰণ: কলিকতাত বদনে ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড হেষ্টিংচক লগ ধৰি অসম আক্ৰমণ কৰিবলৈ অনুৰোধ কৰে ৷ আন ৰাজ্যত হস্তক্ষেপ নকৰাৰ ব্ৰিটিছ চৰকাৰৰ তৎকালীন নীতি অনুসৰি হেষ্টিংচ বদনৰ আনুৰোধত মান্তি নহ’ল ৷ কলিকতাতে বদনে ব্ৰহ্মদেশ বা মানদেশৰ এজন প্ৰতিনিধিক লগ পায় ৷ এই প্ৰতিনিধিজনৰ লগতে বদন মানদেশ পালেগৈ ৷ বদনৰ সম্বন্ধীয়া পেঁহীয়েক, ৰঙিলী গাভৰু মানৰজা বদৌপায়াৰ এগৰাকী পত্নী আছিল ৷ বদনৰ পক্ষে মাতিবলৈ তেওঁ আগবাঢ়ি আহে ৷ বদনে মানৰজাক অসম আক্ৰমণ কৰিবলৈ জনোৱা অনুৰোধ ৰজাই গ্ৰহণ কৰে ৷ ১৮১৭ চনৰ মাৰ্চ মাহত পাটকাই পৰ্বত পাৰ হৈ ১৬০০০ মানসেনাৰে সৈতে বদন অসম পায়হি ৷ পূৰ্ণানন্দৰ আহোম সেনা এই আক্ৰমণ প্ৰতিৰোধ কৰাত ব্যৰ্থ হয় আৰু মানসেনা যোৰহাট অভিমুখী হয় ৷ অচিৰেই পূৰ্ণানন্দৰ মৃত্যু ঘটে আৰু পুত্ৰ ৰুচিনাথক বুঢ়াগোঁহাই পতা হয় ৷ মানৰ অগ্ৰসৰ ৰোধ কৰাত ৰুচিনাথ অসফল হয় ৷ মানসেনাই বদনক “মন্ত্ৰী ফুকন” পাতি অসমৰ জনগণৰ ওপৰত অত্যাচাৰ চলাই যায় ৷ ক্ষমতা পাই বদনো স্বেচ্ছাচাৰী হৈ পৰে ৷ ফলত বৰগোঁহাই আৰু কেইজনমান বিষয়াৰ সৈতে আলোচনা কৰি ৰাজমাও নুমলীয়ে ৰূপ সিংহ চুবেদাৰৰ হতুৱাই ১৮১৮ চনত বদনক হত্যা কৰায় ৷ বাতৰি পাই ১৮১৯ চনৰ ফেব্ৰুৱাৰী মাহত মানসেনাই দ্বিতীয়বাৰ আক্ৰমণ কৰে ৷ যুঁজত অসমীয়া সেনা পৰাভূত হয়; স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু ৰুচিনাথ গুৱাহাটীলৈ পলায়ন কৰে ৷ চন্দ্ৰকান্ত সিংহক নামমাত্ৰ অধিকাৰেৰে সিংহাসনত বহুৱাই মিঙ্গিমাহা তিলোৱাৰ অধীনত কিছু সংখ্যক মানসেনা অসমত ৰাখি মান সেনাপতি আলুমিঙ্গি ১৮১৯ চনৰ এপ্ৰিল মাহত উভতি যায় ৷ কিছুদিন পাছতে বদৌপায়াৰ পৰলোক প্ৰাপ্তি ঘটাত নাতিয়েক ব্যাগীদোৱা ৰজা হয় ৷ ১৮২০ চনৰ জানুৱাৰী মাহত মানসেনা স্বদেশলৈ ৰাওনা কৰে ৷ চন্দ্ৰকান্ত সিংহই ভবিষ্যতে মানৰ আক্ৰমণ ৰোধ কৰিবৰ বাবে জয়পুৰত গড় মৰাৰ সিদ্ধান্ত লয় ৷ বাতৰি পাই ১৮২১ দনৰ মাৰ্চ মাহত মিঙ্গিমাহা তিলোৱাৰ অধীনত বিশাল মানসেনাই অসম আক্ৰমণ কৰি কেবাখনো যুজ জয় কৰি ১৮২২ চনৰ ২১ জুনৰ হাদিৰাচকীৰ যুদ্ধও জয় কৰাত অসমত আহোম শাসনৰ অন্ত পৰে ৷ পাছত ইংৰাজৰ হাতত পৰাস্ত হৈ ১৮২৬ চনত ইয়ান্দাবু সন্ধি কৰি সমগ্ৰ উত্তৰ-পূব ভাৰত ইংৰাজৰ হাতত দি মানসেনা আঁতৰি যায় ৷ এইদৰে অসমত স্বাধীনতাৰ বেলি মাৰ যায় যাৰ বাবে বদনক দেশদ্ৰোহী আখ্যা দিয়া হয় ৷ 

এই দেশদ্ৰোহীতাৰ বাবে বদন ধিক্কাৰৰ পাত্ৰ ৷ তথাপি মনলৈ প্ৰশ্ন আহে যে পূৰ্ণানন্দই যদি বদনক গুৱাহাটীলৈ বিতাৰিত নকৰিলেহেঁতেন, তেন্তে বদনে এনে গৰ্হিত কাম কৰিলেহেঁতেননে ? বদনক গড়গাঁৱত ৰখা মানে প্ৰতিটো পদক্ষেপতে বাধা পোৱাৰ সম্ভাৱনা দেখিয়েই পূৰ্ণানন্দই এই সিদ্ধান্ত লৈছিল ৷ বদনে নিজৰ জীয়ৰীক পূৰ্ণানন্দৰ বোৱাৰী কৰিও মিত্ৰতাৰ চেষ্টা কৰিছিল; তথাপি পূৰ্ণানন্দই বদনক বিশ্বাসত নল’লে ৷ বদনৰ ওপৰত আস্থা দেখুওৱা হ’লে হয়তো বদনে এনে চৰম পদক্ষেপ নললেহেঁতেন ৷  দন্দুৱা দ্ৰোহৰ সময়ত বদনক নিলম্বিত নকৰি কোনো সুকীয়া পদভাৰ দিলে ইতিহাসৰ গতি পৃথক হ’লহেঁতেন নেকি ? বদনক আটক কৰাৰ আদেশ পূৰ্ণানন্দই সম্পূৰ্ণ গোপন কৰি নিজৰ বোৱাৰী আৰু বদনৰ জীয়ৰী পিজৌ গাভৰুৱে গম পোৱাৰ বাট বন্ধ কৰা হ’লে হয়তো বদনে পলায়নৰ সুবিধা নাপালেহেঁতেন আৰু পাছৰ ঘটনাৰাজি নঘটিলেহেঁতেন ৷ কিন্তু এই সম্ভাৱনীয়তা সমূহৰ উত্তৰ আমি বুৰঞ্জীত নাপাওঁ ৷ বদন আৰু পূৰ্ণানন্দৰ গভীৰ মনস্তাত্বিক বিশ্লেষণৰ থলো এই নিবন্ধত নাই ৷ আমি মাত্ৰ ইতিহাসৰ ঘটনাৰাজি চালি-জাৰি চাব খুজিছোঁ ৷ 

মানৰ আক্ৰমণ - কেৱল বদনৰ আমন্ত্ৰণেই কাৰণ নে? - বুৰঞ্জীয়ে কয় এখন দেশৰ বুৰঞ্জী কাষৰীয়া দেশৰ বুৰঞ্জীৰ লগত ওত্ব:প্ৰোত ভাৱে জৰিত, বিশেষকৈ আক্ৰমণৰ দৰে বিষয়ত ৷ কেৱল বদনৰ আহ্বানতে বদৌপায়া অসম আক্ৰমণ কৰিবলৈ ৰাজি হ’লনে ? নে আমি বদনৰ দেশদ্ৰোহীতা দেখি বিষয়টো সৰলীকৰণ কৰিছোঁ ? যিকোনো বিচক্ষণ ৰাজনীতিজ্ঞ আৰু কূটনীতিজ্ঞই জানে যে যি নিজ দেশৰ লগত হেতালি খেলিব পাৰে, তেওঁ আনকো প্ৰবঞ্চনা কৰাত পাচ নোহুহোকে ৷ গতিকে মানৰজাৰ বাবে বদন নিশ্চয় সন্দেহৰ পাত্ৰ আছিল ৷ তদুপৰি ব্ৰহ্মদেশৰ পৰা অসমলৈ অহা পথ সহজ নাছিল - হয় পাটকাই পৰ্বত নহয় বৰাইল পৰ্বত পাৰ হ’ব লাগিব ৷ লতা-কটা ৰণত হোৱা আহোম সেনাৰ বিপৰ্য্যয়ৰ কথাও নিশ্চয় মানৰজাৰ অজ্ঞাত নাছিল ৷ গতিকে তেওঁ এই আমন্ত্ৰণ কিয় গ্ৰহণ কৰিলে এই প্ৰশ্নৰ উত্তৰ বিচাৰি চাওঁ আহক ৷ 

১) আহোমসকল ব্ৰহ্মদেশৰ উত্তৰ সীমাৰ পৰা অসমলৈ আহিছিল ৷ গতিকে দুয়ো ৰাজ্যৰ মাজত ভাতৃত্বসুলভ ব্যৱহাৰ আছিল আৰু উপহাৰ- উপঢৌকণৰ আদান-প্ৰদান নিয়মীয়া আছিল ৷ কিন্তু আহোমসকল ক্ৰমান্নয়ে ভাৰতীয় সংস্কৃতিৰ অংশ হৈ পৰাত এই সদ্ভাব কমি আহে ৷ এই কথাত মানৰজা সদায়েই ক্ষুন্ন আছিল ৷ 

২) মানৰজাই মণিপুৰৰ ৰজা জয়সিংহক বিতাৰিত কৰি নিজৰ অনুগত বইৰং ওৰফে কেলেম্বাক মণিপুৰৰ ৰজা পাতিছিল ৷ কিন্তু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ সহায়ত জয়সিংহই ১৭৬৮ চনত ৰাজ্য পুনৰোদ্ধাৰ কৰে ৷ ফলত মান ৰাজবংশৰ মনত শত্ৰুতাই গা কৰি উঠিছিল  ৷ তাৰেই পৰিণতিত বদনৰ আমন্ত্ৰণ স্বীকাৰ কৰিছিল বুলি অনেক বুৰঞ্জীবিদে কয় ৷   

৩) আহোম সৈন্যবলৰ এক অবিচ্ছেদ্য অঙ্গ আছিল মৰাণ সৈনিকসকল ৷ কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ ফলশ্ৰুতিত বেংমৰাত মটক ৰাজ্য স্থাপন হোৱাত  মৰাণসকলে আহোম সেনাবাহিনীত যোগ দিবলৈ অস্বীকাৰ কৰে ৷ ফলত আহোম সেনা পূৰ্বতকৈ দুৰ্বল হৈ পৰে ৷ এই কথা মানৰজাই ভালদৰে জানিছিল কাৰণ মোৱামৰীয়া সকলক সহায় কৰিবলৈ মানৰজাই তিনিবাৰ মানসেনা পঠাইছিল ৷ প্ৰথম দুবাৰ পূৰ্ণানন্দই ভাৰ- ভেটি দি তেওঁলোকক ওভতাই পঠাইছিল আৰু তৃতীয়বাৰ মানদেশত থকা ইংৰাজ প্ৰতিনিধিৰ তৎপৰতাত মানসেনা আগ নাবাঢ়িল ৷

৪) আহোম ৰাজ্যৰ পূব সীমাত বাস কৰা চিংফৌসকল আহোমৰ বৈৰী আছিল আৰু আহোম ৰাজ্যত সৰু-সুৰা আক্ৰমণ তথা উপদ্ৰৱ চলাই গৈছিল ৷ শান্তি স্থাপনৰ বাবে পূৰ্ণানন্দই আহোম কুঁৱৰী ৰঙিলী আইদেউক চিংফৌৰ বৰগামলৈ যাচিছিল ৷ পাছে মানৰজাৰ অনুগত বৰগামে সেইগৰাকী কুঁৱৰীক মানৰজালৈ উপহাৰস্বৰূপে পঠায় ৷ চিংফৌসকলৰ সহায়ত আক্ৰমণ যে সুচল হ’ব, সেই কথা বদৌপায়াই জানিছিল ৷ 

৫) অষ্টাদশ শতিকাৰ মাজভাগৰ পৰা মানদেশ ক্ৰমাৎ ক্ষমতাশালী আৰু সম্প্ৰসাৰণবাদী হৈ আহিছিল ৷ বদৌপায়াই ১৭৯৪ চনত পূব দিশৰ আৰাকণ উপত্যকা অধিকাৰ কৰে । তদুুপৰি জয়সিংহৰ পুত্ৰ মৰজিৎ সিংহক মণিপুৰৰ সিংহাসনত বহুৱাই আনুগত্য স্বীকাৰ কৰায় ৷ মৰজিতে কাবৌ উপত্যকা মানৰজাক এৰি দিয়ে ৷ ফলত মানৰজাৰ বাবে অসমলৈ অহাৰ পথ সুচল হৈ পৰে ৷ তদুপৰি মণিপুৰ আৰু আহোম ৰাজ্যৰ পুৰণি বন্ধুত্বৰো অৱসান ঘটে ৷

৬) মোৱামৰীয়াসকলক সহায় কৰিবলৈ মানৰজাই তিনিবাৰকৈ সেনা পঠাই অসমত নিজৰ প্ৰতিপত্তি প্ৰতিপন্ন কৰিব খোজা কথাই আহোম ৰাজ্যৰ প্ৰতি মানৰজাৰ সম্প্ৰসাৰণবাদী মনোভাৱ স্পষ্ট কৰে ৷ 

৭) আহোম ৰাজ্যৰ দুজন শীৰ্ষস্থানীয় বিষয়া পূৰ্ণানন্দ আৰু বদনৰ পৰস্পৰ বৈৰী মনোভাৱ মানৰজাৰ বাবে অতি অনুকুল আছিল ৷ গতিকে বদনে সহায় বিচৰাত মানৰজাৰ বাবে সোণালী সুযোগ আহি পৰে ৷ অসমৰ ভৌগোলিক স্থিতি আৰু আহোম ৰাজতন্ত্ৰৰ সম্যক জ্ঞান থকা বদন মানৰজাৰ বাবে ডাবাখেলত  বিপক্ষৰ ৰজাক মাৎ দিব পৰা মোহৰ হৈ পৰে ৷ বদনৰ জৰিয়তে অসম দখল কৰাৰ সুচল মানৰজাই দেখা পালে ৷ 

এনে বোধ হয় যে  অসম আক্ৰমন কৰাৰ বাবে সময় আৰু সুযোগৰ অপেক্ষাতহে আছিল বদৌপায়া ৷  বদনৰ দেশদ্ৰোহীতা তেওঁৰ বাবে গাখীৰতে মহৰ খুটি হোৱা দি হ’ল ৷ গতিকে মানৰ অসম আক্ৰমণৰ বাবে বদনক সম্পূৰ্ণ জগৰীয়া কৰা হয়তো উচিত নহয়; হয়তো তেওঁ নিমিত্ত মাত্ৰহে আছিল ৷ কিন্তু ইতিহাসৰ এজন কলঙ্কিত নায়কৰ প্ৰতি সহানুভূতি দেখুৱা আমাৰ উদ্দেশ্য নহয় ৷ মাথোঁ মনৰ প্ৰশ্নৰাজি ইতিহাসৰ ভিত্তিত পৰীক্ষা কৰি ইয়াত তুলি দি বিজ্ঞজনৰ মতামত বিচাৰিলোঁ ৷ 

সহায়ক পুথিৰ তালিকা:
১) A History of Assam: Sir E.A. Gait
২) অসমৰ বুৰঞ্জী; ৺পদ্মনাথ গোঁহাঞিবৰুৱা
৩) অসমৰ সংক্ষিপ্ত ইতিহাস: ড° তচদ্দুক আমানুল হুচেইন



পৃষ্ঠাঃ ৭
প্ৰৱন্ধঃ


শাওন মাহত ব্ৰত ৰখাৰ কাৰণ


জিলমিল বৰদলৈ
গুৱাহাটী
ফোন নং ৯১০১১১২৩৬৯

শাওন মাহ হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে এক পৱিত্ৰ মাহ । কোৱা হয় এইটো মাহ জুৰি ব্ৰত পালন কৰি নিৰামিষ ভোজন কৰিলে গোটেই বছৰটি কোনো ব্ৰত বা উপবাস ৰখাটো জৰুৰী নহয়। হিন্দু ধৰ্মত  চতুৰ্মাহ বা চাৰিটা মাহ অতিকৈ পৱিত্ৰ সেইকেইটা হ'ল শাওন ,ভাদ, আহিন, কাতি। এইকেইটা মাহত প্ৰায় ধৰ্মীয় উৎসৱ বোৰ পালন কৰা হয়। এই চাৰিমাহৰ আৰম্ভণি শাওনেৰে হয়। শাওন বা শ্ৰাৱণ মাহৰ পূৰ্ণিমাৰ দিনটোত শ্ৰৱণা নক্ষত্ৰৰ যোগ সূত্ৰ ঘটে ।সেয়েহে এইটো মাহৰ নাম শ্ৰাৱণ বুলি কোৱা হয়। অইন এক মতৰ মতে শ্ৰাৱণ শব্দতিৰ মূল হ'ল শ্ৰৱণ । শ্ৰৱণ মনে হ'ল শুনা । বেদৰ আন এটি নাম হল শ্ৰুতি। প্ৰবাদ আছে যে ঈশ্বৰৰ পৰা ঋষি সকলে বেদৰ জ্ঞান  শুনি সেইবোৰ জনতাৰ আগত তুলি ধৰিছিল আৰু এনেদৰে বেদ বাণী সমূহ মুখে মুখে বাগৰি আহিছিল। শাওনৰ পৱিত্ৰ মাহত বেদৰ ধাৰ্মিক তত্ববোৰ শুনি চৰম জ্ঞান লাভ কৰিছিল মানুহে।সেয়েহে এইটো মাহক শ্ৰাৱণ বুলি কোৱা হৈছিল। হিন্দু ধৰ্ম মতে আঠ মুখ‍্য কৰ্তব্য আছে -সন্ধোপাসন, ব্ৰত, তীৰ্থ, উৎসৱ , সেৱা , দান , যজ্ঞ আৰু সংস্কাৰ। তাৰে ভিতৰত শাওনৰ ব্ৰত আটাইতকৈ শ্ৰেষ্ঠ বুলি কোৱা হয়। পাপ মুক্তি আৰু মনোকামনা পূৰ্তিৰ বাবে উত্তম। ব্ৰত আৰু উপবাসৰ জৰিয়তে মন আৰু শৰীৰৰ বিকাৰ তথা মলি সমূহ নিৰ্মূল কৰা হয়। 

শাওন মাহটো শিৱৰ মাহ বুলি কোৱা হয়। এইটো মাহত বিশেষকৈ ভগৱান শিৱৰ আৰাধনা কৰি ভক্ত সকলে মনোবাঞ্ছিত ফল লাভৰ আশা কৰে। প্ৰবাদ আছে যে শিৱ মহাদেৱৰ এই মাহ অতি কৈ প্ৰিয় । সনৎ কুমাৰ সকলে মহাদেৱক শ্ৰাৱণ মাহ তেওঁৰ কিয় প্ৰিয় বুলি সোধাত তেওঁ কৈছিল যে মহাদেৱী আদি শক্তি সতীয়ে পুনৰ পাৰ্বতী ৰূপে জন্ম লাভ কৰি  পতিৰূপত পাবলৈ  শাওন মাহত নিৰাহাৰে কঠোৰ ব্ৰত তথা তপস্যা কৰি তেওঁক সন্তুষ্ট কৰি তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল  । সেয়ে শাওন মাহ তেওঁৰ আটাইতকৈ প্ৰিয়। গতিকে শাওন মাহত কোনোবা স্ত্ৰীয়ে যদি ব্ৰত উপবাস কৰি নিজৰ মনৰ মতে বৰ খোজে তেতিয়া হ'লে তেওঁ নিশ্চয় তাৰ সুফল পাব।শাওন মাহৰ প্ৰত‍্যেকটো দিনেই পবিত্ৰ । কিন্তু তাৰ মাজতে  প্ৰতিটো সোমবাৰ , গণেশ চতুৰ্থী, মঙ্গল গৌৰী ব্ৰত, মৌনা পঞ্চমী, শাওন মাহৰ প্ৰথম শনিবাৰ, কামিকা একাদশী, নাগ পঞ্চমী, পুত্ৰদা একাদশী, নাৰালি পূৰ্ণিমা, শ্ৰাৱণ পূৰ্ণিমা, বিনায়াক চতুৰ্দশী, শিৱ চতুৰ্দশী, ৰক্ষা বন্ধন ইত্যাদি   ব্ৰত , উৎসৱ পালন কৰা হয়।

 এতিয়া আহোঁ কিছু বৈজ্ঞানিক তাৎপৰ্যবোৰৰ ফালে। আয়ূৰ্বেদৰ অনূসৰি শাওন মাহত মানুহৰ  ৰোগৰ সৈতে যুঁজৰ ক্ষমতা আটাইতকৈ কম থাকে। যিহেতু ই বাৰিষাৰ মাহ। সূৰ্যৰ তাপ ভালদৰে নোপোৱাৰ বাবে আমাৰ হজম শক্তি কমি যায়।গতিকে তেল মচলাযুক্ত আমিষ আহাৰৰ সলনি নিৰামিষ তথা পুষ্টিকৰ  আহাৰ শৰীৰৰ বাবে বেছি প্ৰয়োজনীয়‌।  ব্ৰত আৰু উপবাসৰ জৰিয়তে লঘু আহাৰ গ্ৰহণ কৰি শৰীৰটোক সুস্থ ৰখাত সহায় হয়।

(নিজৰ সীমিত জ্ঞান তথা কিছু  কিতাপ, আলোচনীৰ পৃষ্ঠাবোৰৰ আৰু  সংগ্রহীত কথা সমূহ আপোনালোকৰ ওচৰত দাঙি ধৰাৰ ধৃষ্টতা কৰিলো।  ভুল ক্ৰুটিৰ ক্ষমাপ্ৰাৰ্থী।)


পৃষ্ঠাঃ ৮
প্ৰৱন্ধঃ


আঞ্চলিকতাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ

মনোজ কুমাৰ বৰুৱা
তেজপুৰ

আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ। চৰকাৰী পুষ্টিপ্ৰাপ্ত  প্রচাৰ যন্ত্ৰৰ দ্বাৰা সম্পূৰ্ণ দুটা মূৰত পৰস্পৰবিৰোধী হিচাপে থিয় কৰোৱা 'বাদ' দুটিক কেন্দ্ৰ কৰিয়েই দেশত বৰ্তমান বিতৰ্কৰ শেষ নাই। আঞ্চলিকতাবাদৰ ছাঁৰ বাবেই হয়তো অসংখ্য ৰাজনৈতিক কাৰাবন্দী। দুই 'বাদ'ক পৰস্পৰ বিৰোধী হিচাপে প্ৰমাণ কৰিবলৈ গৈ সন্ধিয়াৰ অনুষ্ঠানবোৰ উত্তপ্ত কৰি তোলা দেশীয় সংবাদ মাধ্যমসমূহত আঁতধৰোঁতাৰ TRP ৰ অঘোষিত প্ৰতিযোগিতা। একবিংশ শতিকাত থিয় হৈ সঁচায়ে ভাবিবলৈ বাধ্য, আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ সঁচাই পৰস্পৰ বিৰোধী নে ?

ফৰাচী 'গলিজম' বা 'ডিগলবাদ'; এই মতাদৰ্শই প্ৰভুত্বকামী আৰু প্ৰতিপত্তিশালী ৰাষ্ট্ৰৰ অথবা শক্তিৰ বিৰুদ্ধে আঞ্চলিক সত্তাৰ বিকাশত এক নতুন দিগন্তৰ সূচনা কৰিছিল। যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰায়বিলাক পুঁজিবাদী দেশেই আমেৰিকাৰ নেতৃত্ব মানি লৈছিল তেতিয়া ডিগলৰ নেতৃত্বত ফ্ৰান্সে জনাইছিল প্ৰত্যাহ্বান । শেষত সেই ডিগলৰ কল্পদৃষ্টিহে সাৰ্থক বুলি প্ৰমাণিত হ'ল। সেইদৰেই জাতীয় ভাবাবেগক অৰ্থনৈতিক , সামাজিক আদি দিশৰ বিকাশৰ সাৰথিৰূপে যেতিয়া গণ্য কৰা হ'ব ,তেতিয়া সি ৰাষ্ট্ৰীয়তাবাদৰ বিৰোধী কেতিয়াও নহয়। বৰ্ত্তমান সময়ত আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ ভুল ব্যাখ্যা সৰ্বত্ৰে সুলভ, সেয়েহে আঞ্চলিকতাবাদৰ সুপ্ৰৱক্তা এজন সহজেই জঘন্য ৰাষ্ট্ৰদ্রোহী হৈ পৰে।  অসমৰ অঞ্চলকিতাবাদত ফৰাচী গলিজম বা ডিগলবাদৰ ৰেঙণি পৰক।

SAPIENS ৰ দৰে বিখ্যাত গ্ৰন্থৰ লেখক Yuval Noah Harari য়ে তেখেতৰ এই গ্ৰন্থখনত লিখিছে " What, exactly, happens to a
Communist after he or she dies? What happens to a capitalist? What
happens to a feminist? It is pointless to look for the answer in the writings of Marx, Adam Smith or Simone de Beauvoir. The only modern ideology that still awards death a central role is nationalism. In its more poetic and desperate moments, nationalism promises that whoever dies
for the nation will forever live in its collective memory. Yet this promise is so fuzzy that even most nationalists do not really know what to make of it."  তেখেতৰ বক্তৃতাত এটা কথা সুস্পষ্ট যে ৰাষ্ট্ৰীয়তাবাদ এক আপেক্ষিক ধাৰণা। অধ্যয়নকেন্দ্ৰিক পৰিপুষ্টতা প্ৰদৰ্শন কৰি যেতিয়া আমি দেশ-ৰাষ্ট্ৰ, দেশপ্ৰেম- ৰাষ্ট্ৰীয়তাবাদ আদি শব্দবোৰৰ মাজত থকা পাৰ্থক্যবাৰ গম পাম তেতিয়া হয়তো এইখন দেশত এই বাদ দুটাৰ মাজৰ সংঘাতেই লোপ পাব। মহাত্মা গান্ধীও ৰাষ্ট্ৰীয়তাবাদৰ প্ৰৱক্তা আছিল , তথাপিও তেখেতে ৰাষ্ট্ৰীয়তাবাদক মানৱতাৰ সৈতেহে সামঞ্জস্য ৰাখিছিল আৰু কেতিয়াও ইয়াক আঞ্চলিকতাবাদৰ বিৰোধী হিচাপে থিয় কৰোৱা  নাছিল। 

এতিয়া আহোঁ BREXIT ৰ কথালৈ । এই বছৰৰ জানুৱাৰী মাহত BREXIT হয় ,অৰ্থাৎ ইউৰোপীয় সংঘৰ পৰা যুক্ত গণৰাজ্য বিচ্ছিন্ন হৈ পৰে । কিন্তু এই ব্যৱস্থাত স্কটলেণ্ড দেশখনে বিভিন্ন অৰ্থনৈতিক কাৰণত যুক্ত গণৰাজ্যৰ পৰা ইউৰোপীয় সংঘত চামিল হোৱাৰ বাবে দাবী উত্থাপন কৰিছিল। অৰ্থনৈতিক সংকটৰ কথা চিন্তা কৰি জাতীয় ভাৱাবেগক প্ৰশ্ৰয় দি তেওঁলোকে ৰাষ্ট্ৰীয়তাবাদৰ বিৰোধিতা কৰিছিল নেকি ! সেইদৰে হাংগেৰীৰ শ্ৰম আইনৰো অনুৰূপ ঘটনা। ৯ আগষ্টৰ বেলাৰুছৰ নিৰ্বাচনৰ ফলাফল আৰু চৰকাৰবিৰোধী সংগ্ৰামৰ কথাও আমি জ্ঞাত। গতিকে এনে জাতীয়তাবাদী চিন্তাই ৰাষ্ট্ৰবিৰোধীতাৰ সূচনা কৰিব নেকি এই প্ৰশ্ন সুধী সমাজলৈ।

যি গৰাকী মহান ব্যক্তিত্বৰ সুউচ্চ মূৰ্তিৰ নিৰ্মাণ কৰি এইখন দেশত ৰাষ্ট্ৰীয়তাবাদৰ ঢৌ বোৱাই দিয়া হয় , সেই মহান ব্যক্তিত্বই ভাৰতীয় ৰাজ্যসমূহক স্বাধীনোত্তৰ কালত একেলগ কৰিবলৈ যাওঁতে যি অঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ অনুভৱ কৰিছিল, তাক এতিয়া সহজেই অৱজ্ঞা কৰা হয়। পৃথক পৃথক স্বাধীন ৰাষ্ট্ৰীয়তাবাদ অথবা জাতীয়তাবাদৰ সংমিশ্ৰণত কেনেকৈ আজিৰ ভাৰতবৰ্ষ হৈছে, তাৰ উপযুক্ত বিশ্লেষণ ৰামচন্দ্ৰ গুহই INDIA-AFTER GANDHI ত ভালদৰে লিখিছে । প্ৰচাৰ তন্ত্ৰও এনেবোৰ ক্ষেত্ৰত প্ৰায়ে নিমাত। 

১৯৮০ চনৰ M.V. KAMATH চাহাবৰ ILLUSTRATED WEEKLY OF INDIA ত প্ৰকাশিত প্ৰৱন্ধ NEGLECTED ASSAM য়েই হওঁক , যোজনা আয়োগৰ প্ৰাক্তন সদস্য আবিদ হুছেইন বা কলিকতাৰ চি. আৰ.ইৰাণীৰ ভাষণেই হওঁক, অথবা বৰ্তমান সময়ৰ কেন্দ্ৰৰ তথাকথিত অসম প্ৰীতিয়ে হওঁক , অসম যে অৱহেলিত তাৰ প্ৰমাণৰ বিশেষ প্ৰয়োজনেই নাই। ইয়াৰ পাছতো সুবিধাবাদী এচামে আঞ্চলিকতাবাদক ৰাষ্ট্ৰীয়তাবাদৰ বিৰোধী হিচাপেই থিয় কৰাই আঞ্চলিকতাবাদ সত্তাৰ শেষৰ গঁজালটো পোতাতেই ব্যস্ত থাকে।

ঔপনিবেশিক অৰ্থনীতিৰ চৰিত্ৰ উন্মোচন কৰা অৰ্থনীতিবিদ সকলে কয়, সাধাৰণতে উপনিৱেশ অঞ্চলত উৎপাদনশীল শিল্প উদ্যোগ প্ৰতিষ্ঠা কৰা নহয়। ঘাইকৈ উপনিৱেশৰ প্ৰাকৃতিক সম্পদ আহৰণৰ বাবে যিবোৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হয় তাক Extractive Industry বোলা হয়। সেইবোৰৰ পৰা বাহিৰৰ মালিকে প্ৰচুৰ মুনাফা ঘটে। অসমত বৰ্তমান ঔপনিৱেশিক শাসনৰ পয়োভৰ বুলি ক'বলৈ যোৱা নাই কিন্তু এনে কিছুমান উদ্যোগ ক্ষেত্ৰৰ কথা চিন্তা কৰি আঞ্চলিকতাবাদৰ কথা বতৰা হ'লেও ৰাষ্ট্ৰদ্ৰোহৰ অভিধাৰে বিভূষিত কৰা প্ৰৱণতাহে সমূলি সমীচীন নহয়।

এটা কথা সদায় স্পষ্ট , অঞ্চলিকতাবাদ শব্দই কোনো নিষিদ্ধঘোষিত সংগঠনৰ সমৰ্থন কৰা কেতিয়াও নুবুজায়। অতি সৰল ভাষাত ,গামোচাখনক ভালপাওঁ, সেই  গামোচাখনকে অন্য কোনোবাই ভাল পাবই লাগিব বুলি কেতিয়াও জোৰ নকৰোঁ , সেয়া আঞ্চলিকতাবাদ। মই অসমীয়া ভাষা কওঁ, কিন্তু সেইবাবেই অন্য কোনোবাই অসমীয়া ভাষা ক'বই লাগিব বুলি জোৰ জুলুম নকৰোঁ সেয়া আঞ্চলিকতাবাদ। মই মোৰ দেশখনক ভালপাওঁ, কিন্তু সেইবাবেই মোৰ চুবুৰীয়া দেশ এখনক অন্য কোনোবাই বেয়া পাবই লাগিব কেতিয়াও হাৰাশাস্তি নকৰোঁ , সেয়াই হয়তো ৰাষ্ট্ৰীয়তাবাদ। 

ৰাজনৈতিক , সমাজনৈতিক , অৰ্থনৈতিক বিশ্বাসঘাটকতাই আঞ্চলিকতাবাদৰ প্ৰতি বিশ্বাস সহজে  বৃদ্ধি কৰে , সিয়ে এজন নাগৰিক কেতিয়াও ৰাষ্ট্ৰীয়বাদৰ ঘোৰ বিৰোধী হৈ যোৱা নুবুজায়। পৰাগ কুমাৰ দাসক "মোক স্বাধীনতা লাগে"ৰ বাবে ৰাষ্ট্ৰদ্ৰোহী হিচাপে যিমান খিনি সমালোচনা কৰা হয়, "সংবিধানত বিচ্ছিন্নতাৰ অধিকাৰ অন্তৰ্ভুক্তি"ৰ দাবীৰ বাবে আঞ্চলিকতাবাদী হিচাপে সিমান আলোচনা কৰা নহয়। মুঠৰ ওপৰত ক'বলৈ গ'লে আঞ্চকলিকতাবাদক ৰাষ্ট্ৰীয়তাবাদৰ ঘোৰ বিৰোধী হিচাপে প্ৰতিপন্ন কৰাটোও যেন কেন্দ্ৰীয় অৱহেলা অথবা চৰকাৰী বিফলতা সমূহক ঢাকি ৰখাৰ এক অভিনৱ প্ৰয়াস। পৰাগ দাসে লিখিছিল, 'নিজৰ অঞ্চলৰ বিষয়ে চিন্তা কৰাই যদি ৰাষ্ট্ৰদ্ৰোহ , তেন্তে তেনে ৰাষ্ট্ৰদ্ৰোহৰ ভুৱা গোচৰত হাজাৰ বাৰ দোষী হ'বলৈ মই প্ৰস্তুত।'


পৃষ্ঠাঃ ৯
ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন


দুৰ্গেশ্বৰ শইকীয়া
মাজুলী

(যোৱা সংখ্যাৰ পৰা)


(আঠ)

পিছ দিনাখনৰ আবেলি সময় । ৰূপৰাম বায়নে চোতালতে বহি পল এটা সজাত ব্যস্ত হৈ আছিল ।  হেন সময়তে আগদিনাখনৰ কথামতে ফণী মাষ্টৰ সহ ডেকাহঁত আহি বায়নৰ চোতালত হাজিৰ হʼলহি । পদূলিৰ পৰাই ফণী মাষ্টৰে মাত লগালে, "দাইটি ‍‌! এইবাৰ নাওজান ,এলেংমাৰীৰ মাছ খাম বুলিয়েই লাগিল যেন পাওঁ ।''
          পলৰ গাঁঠি দি থকাৰ পৰাই বুঢ়াই উত্তৰ দিলে ,"এ মাষ্টৰ কিনো ক'বা । বুঢ়া মানুহ ঘৰতে থাকো । আন কাম তেনেকৈতো নায়েই । এ বোলো পল এটাকে সাজি থওঁ । সেই তোমাৰ কিবা বোলেনে নাও জান, বোকাবিল, এলেংমাৰিত ৰাইজে পল বোৱাৰ বতৰত লাগিব নহয় । এই তোমাৰ আমাৰ কিটাই এইবোৰ কাম নিশিকে নহয় বুজিছা । আহাঁ আহাঁ । আওঁ ডেকা মখাকো লগত লৈ একেবাৰে চোন ৰণলৈ ওলোৱাদি ওলালহি । কি মন কৰিনো আহিলা হঁক পিছে ? এʼ এ ৰবা দেওঁ । মই লেকচাৰ হে মাৰিছো । বহিবলৈ দিয়াই নাই । এʼ ৰবা বেঞ্চখনকে আনো মুকলিতে বহোহঁক ।''
           "হʼব হʼব বৰদেউতা । বেঞ্চখন ময়ে আনো ।'' কৈয়ে মোহনে বাৰাণ্ডাৰ পৰা দীঘল বেঞ্চখন চোতাললৈ আনিলে ।
          " এ মোহন , মাষ্টৰ বোপালৈ ভিতৰৰ পৰা চকী এখনকে আনচোন যা । বুঢ়াই মোহনক কʼলে ।
           " নালাগে দাইটি নেলাগে । ইয়াতে বহো ইহঁতৰ লগতে । বহ অʼ লʼৰাহঁত ।মাষ্টৰৰ লগে লগে বহিল সিহঁত ।
          মাষ্টৰেই আৰম্ভ কৰিলে , " দাইটি , ডাঙৰ সকাম এটাত আপোনাৰ ওচৰলৈ আহিলো লʼৰা হঁতক লৈ ।''
          " সকামটো ডাঙৰ হʼবই লাগিব । নহʼলেনো দলে বলে অধমৰ চোতালত হাজিৰ হোৱানে ।'' বুঢ়াই কʼলে " পিছে কি সকাম বা ? কোৱাচোন বাৰু'' ।
          " এৰা দাইটিৰ অনুমতি পাইছো যেতিয়া সকামৰ কথা কওঁ আৰু ! নহয়নে লʼৰাহঁত ?'' ফণী মাষ্টৰৰ কথাত  লʼৰাহঁতে হয়ভৰ দিলে ।
          "হেৰি নহয় দাইটি ,'' মাষ্টৰে কʼবলৈ ধৰিলে " এই আমাৰ লʼৰাহঁতে অঞ্চলটোৰ হকে বৰ ভাল কাম এটাৰ আঁচনি এটা হাতত লোৱাৰ কথা ভাবিছে । অনুষ্ঠান এটা কৰি তাৰ যোগেদি কণকণ লʼৰা-ছোৱালীবোৰৰ উন্নতিৰ হকে কিছুমান কাম কৰি যোৱা হʼব । এই ধৰক শিক্ষা, সংস্কৃতি, খেলা-ধূলা , সাহিত্য আদি এইবোৰ । ইহঁতে মোক কথাতো কʼলে । মইও ভাবি চালো । বেয়া নহʼব এনেকুৱা কিবা এটা কৰিব পাৰিলে । সেয়ে আপোনাৰ ওচৰলৈ আহিছো । এতিয়া আপুনি হাত উজান দিলেই কামটো হৈ উঠেগৈ আৰু ।''
          "কথাখিনি হওঁতে ভালেই শুনিছো মাষ্টৰ । তেজ বল থকা বয়সত কৰিব লাগে সমাজখনৰ বিষয়ে কিবা এটা । পিছে হেৰি নহয় মাষ্টৰ আমি কেৰ্কেটুৱাইনো ৰামচন্দ্ৰ গোসাঁইৰ সেতু বন্ধনত তোমাৰ সেই বাঁহ পাত এটাদিয়াৰ বাজেনো কি কৰিম ? '' ৰূপৰাম বুঢ়াই কʼলে ।
          নগেনে এইবাৰ বুঢ়াৰ লগে লগে কৈ উঠিল , "নহয় বৰদেউতা । আপুনি হাত উজান দিলেহে কামটো হʼবগৈ । এই মানে আমাৰ অনুষ্ঠানটোৰ বাবে ঘৰ এটায়ো লাগিব । সদ্যহতে কাঠ বাঁহ খেৰ যি লাগে কেঁচা ঘৰটোৰ বাবে আমি গোটাম । পিছে থিয় কৰিবলৈ মাটি এডোখৰ লাগিব নহয় । সেয়ে ভাবিলো আমাৰ তিনি আলিটোৰ কাষতে স্কুল আৰু লাইব্ৰেৰীটোৰ মাজত থকা বৰদেউতাৰ মাটি কণকে দিয়ে যদি...........  ।'' "তেতিয়া আমাৰ কাম হৈয়ে গʼল আৰু ।'' মাষ্টৰে তাৰ লগতে যোগ দিলে ।
          কথাখিনি শুনি ৰূপৰাম বায়নে কিছু সময় চিন্তা কৰিলে । তাৰ পিছত গহীনাই বুঢ়াই কʼবলৈ আৰম্ভ কৰিলে "হওঁতে বোপাইহঁত ভূমি দান বৰ মহৎ কাম । তাকো ৰাজহুৱা অনুষ্ঠানৰ কাৰণে । সমাজ খনৰ হকে ৰাইজৰ হকে কিবা এফেৰি আগবঢ়াব পৰাতো ভাগ্য বুলিবই পাৰি । এ কৰা কৰা । ভাল হʼব । আমিনো বাৰু মাটিকণ কেলেই  নিদিম । তাত তোমাৰ খেতি খোলাও কৰা নহয় । সজ কাম এটালৈকে থল কণ দিয়াৰ কথা ভাবিয়েই থৈছিলো । সেই এল পি স্কুলখনৰ মাটিকণো তোমাৰ আমাৰ পিতায়েই দি যোৱা । তেওঁ মৰিবৰ বেলিকা ইয়াকো পাৰিলে দিবলৈ কৈছিল বুজিছা থল অকণ । পিতাইৰ কথা ৰাখিবলৈ পালে ময়ো ৰং পাম বুইছাহঁক । মোৰ লʼৰা দুটালৈ পিতায়ে দি থৈ যোৱা খিনিৰ পাছতো যথেষ্ট ঘটি থৈছো । পিছে এটা কথা কিন্তু মাষ্টৰ ; ''-
      কওকচোন দাইতি , মাষ্টই অপেক্ষা কৰিলে , বুঢ়াইনো আকৌ কি বা কয় ?
       অনুষ্ঠান পাতিলে নহ'ব তাক জীয়ায়ো ৰাখিব লাগিব ।
         দাইতিয়ে একদম সঠিক কথাকে কৈছে ল'ৰাহঁত । মাষ্টৰে ল'ৰাহঁতক উদ্দেশ্যি কোৱাৰ লগে লগে গোটেইখিনিয়ে একেমুখে ক'লে "আমি আপোনাক কথা দিছো বৰদেউতা , ইয়াক আগুৱাই নিবলৈ আমি সকলোখিনি কৰি যাম ।"
          হ'ব হ'ব তহঁতে কাম কৰহঁক , মই মাটি লিখি দিম । বুঢ়াই এইবাৰ ভিতৰলৈ চাই মাত লগালে , "বোলো হেৰৌ বোৱাৰী ।"
‌‌          চাহ বনাই সাজু কৰি ৰাখিছোঁ দেউতা ।
          অ' আন আন 
 বোৱাৰীয়েক ডালিমীয়ে চোতাললৈকে চাহ লৈ আহে । চাহ তামোল খাই সকলোটি ৰংমনেৰে ঘৰমুৱা হয় ।
      তেতিয়া বুঢ়াৰ গোহালিৰ ঘৰৰ মূধচত বহি থকা কপৌজনীয়ে ৰুণ দিছিল মাত্ৰ ।

(আগলৈ)


পৃষ্ঠাঃ ১০

ধাৰাবাহিক উপন্যাসঃ

অভিশ্ৰুতি


চয়নিকা বৰুৱা
যোৰহাট
৯৭০৬২৬৯১০০
(খণ্ড---৪)


* এইবোৰ কি দেখিছো মাজনী?
...ধক্...
(যিমান পাৰো গা জোৰেৰে তেওঁক পিছলে ঠেলি দিলো। তেওঁ গৈ কাষতে থকা টেবুলখনতে পৰিলেগৈ।টেবুলখনৰ চোকটোত লাগি তেওঁৰ হাতত দুখ পালে। বেয়াও লাগিল কিন্তু উপায় নাই বাহিৰত মায়ে চিঞৰি আছে। মাৰ মাতটো শুনি বাহিৰলৈ ওলাই গ'লো)
* কি হ'ল মা ? কিয় চিঞৰিছা ?
* এইবোৰ কি দেখিছো মাজনী। চিপ্-চিপিয়াকে বৰষুণজাক আহিছে ,কাপোৰবোৰ সোমোৱাব লাগে বুলি পাহৰিলা নি ?
* মা....
(তপৰকে পিছফালৰ পৰা মাত এষাৰ আহিল)
* শ্ৰুতিৰ গাত দুখ নাই মাহীদেউ। তাইক মই পানী এগিলাচ খুজিছিলো বাবে তাই মোৰ কাৰণে পানী আনিবলৈ পাকঘৰলৈ গৈছিল।

* অহ্ সেইটো কথা। ব'লা ব'লা বহুত পলম হ'ল, তোমালোকৰ পেটত নিগনি দৌৰিছে চাগে। যোৱা বাৰ্থৰুমতে পানী আছে মুখ-হাতবোৰ ধুই ল'বা। মাজনী অভিক বাৰ্থৰুমলে লৈ যোৱা চোন মই ভাত বাঢ়োগৈ।ঋতু তেলখিনি ষ্ট'ৰ ৰুমতে থৈ দিয়াগৈ।
* হ'ব মাহী।
(মা,দাদা নিজৰ কামত ব্যস্ত, মইয়ো তেওঁক বাৰ্থৰুমলৈ বুলি লৈ যাব ওলালো)
* আপুনি আহক মোৰ পাছে পাছে।
...ধক্....
(ঘপচে তেওঁ মোৰ হাতত থাপমাৰি ধৰিলে)
* পাছে পাছে কিয় যাম লগত যাম আৰু তুমি যদি বিচাৰা তেন্তে আজীৱন তোমাৰ হাতত ধৰি তোমাৰ লগতে যাম।
...কোৱা তুমি কি বিচাৰা???
(উশাহটো চুটি হৈ আহিব ধৰিলে। লগতে ভাল লগা এই অনুভূতি। তেওঁ কি ক'ব খুজিছিল মই সকলো গ'ম পাইছো কিন্তু নজনাৰ ভাও দেখুৱাই ক'লো)
* আপুনি এইবোৰ কি কৈছে মই একো বুজি পোৱা নাই।কাৰণ মই সৰু ছোৱালী।
* আই অ' মোৰ সৰু ছোৱালীজনী...মাহীয়ে তোক মাতি আছে যা....অভি তই মোৰ লগত আহ।
(কিবা লাজ লাজ লাগিল...লাজতে মই মাৰ কাষ পালোগৈ)
* মাজনী এই আঞ্জাখিনি টেবুলত সজাই থৈ আহাঁগৈ যোৱা। তাৰ পাছত এই মিঠাইখিনি নিবা।
[ আচৰিত হৈছে চাগে ন ?আঞ্জাখিনি থ'ব ক'লে ঠিকেই কিন্তু মিঠাই খিনিৰ আকৌ কি কাম ভাতৰ লগত ? ...হুহু.. হুহু.... আমাৰ ঘৰত আকৌ এটা নিয়ম আছে ভাত খোৱাৰ পাছত এটা মিঠাই খোৱাৰ। এই নিয়মটো কিন্তু আগতে নাছিল..ভন্টিজনী অহাৰ পৰাহে হ'ল। হুহু..হুহু..হয় মোৰ এজনী মৰম লগা ভন্টিও আছে। তাইৰ লগত বাৰু পাছত চিনাকি হ'ব। এতিয়া আমি আকৌ কাহিনীলৈ আহো ]
* মাহী দিয়া দিয়া বৰ ভোক লাগিছে। ওম.....কি কি বনাইছা???
* ধৈৰ্য ধৰ...কাঁহীখনত দিওঁতে গম পাবিয়েই নহয়।
* মাজনী কিয় তাক তেনেকে জোকাৰি থাকা বাৰু ???নাপাই নহয়।
(মইহে জনো তাৰ কথা..হুহ্)
* নাই এনেই মা। ভাল লাগে..জোকাৰি।
* মোক গছ পাইছ ন ???
* মাহীদেউ মোক মাছৰ আঞ্জাখনহে দিব দেই। মই মানে ডাঙৰ মাছ খায় বৰ ভাল নাপাওঁ।
(মোৰ আৰু দাদাৰ হুলস্থূলৰ মাজত এটি গহীন মাত..কিয় নাজানো কিন্তু ভাল লাগে এই মাতটো মোৰ)
* তুমি নোখোৱা ???

(আগলৈ )


পৃষ্ঠাঃ ১১


ধাৰাবাহিক গল্প

পথভ্ৰষ্ট ডিম্বাণু

বাস্তৱ বড়া
সহকাৰী অধ্যাপক
টিংখাং মহাবিদ্যালয়

'পলায়নবাদীতাই অপৰাধ প্ৰৱণতাকে সূচায় ৷ কথাষাৰ কৈ তাই ইন্দ্ৰৰ কোচৰ পৰা নামি দিলে ৷ নিজৰ ফ্ৰকটো চুই তিতি থকা যেন অনুভৱ কৰি তাই অপ্ৰস্তুত  হৈ পৰিল ৷
'তেনে কথা নহয় মল্লিকা ৷ তুমি পঢ়া-শুনা কৰা ছোৱালী ৷ এনেদৰে নক'বা ৷ বেয়া শুনি ৷ তাতে তুমি ইমান মৰম লগা মইনাজনীৰ মুখত এই কথাকেইষাৰে তোমাক বৰ বিকৃত কৰি তুলিছে ৷'- সদায় আওকাণ কৰি অহা কথাষাৰ শুনি ইন্দ্ৰই একমূহূৰ্ত নোৰোৱাকৈ কথাবোৰ কৈ হঠাৎ আঁতৰি গৈছিল ৷ মল্লিকাৰ চকুহাল তেতিয়া জ্বলি উঠিছিল ৷ যদি ভালদৰে আপুনি চাইছে দেখিব তাই কন্দা নাই ৷ সেয়া যেন তাইৰ চকুৰ কোটৰত পুঞ্জীভূত হোৱা ক্ষোভৰ বিষপানী ৷
আপুনি দেখা মল্লিকা ৰোহিণী আৰু চন্দ্ৰকমলৰ একমাত্ৰ সন্তান ৷ অপ্ৰাদেশীকৃত গাঁৱৰ স্কুলৰ শিক্ষক দম্পতিহাল বিনাবেতনে কটাবলগীয়া হোৱাত ঘৰখনত বাৰুকৈয়ে অচলা অৱস্থাৰ সৃষ্টি হৈছিল ৷ মাক বাপেক নোহোৱা চন্দ্ৰ আৰু ৰোহিণীৰ বয়সে ইতিমধ্যেই বহুখিনি দূৰ অতিক্ৰম কৰিছিল ৷ চন্দ্ৰৰ দেউতাকৰ নাতি দেখাৰ হেঁপাহকণ আধাতে সামৰি যাবলগীয়া হ'ল ৷ সেইবোৰলৈ বয়স্ক মানুহহালৰ ভ্ৰুক্ষেপ নাই ৷ স্কুলৰ অৱসৰৰ সময়ত সহকৰ্মীসকলৰ বহুতৰে আলাপ আলোচনাৰ বিষয় হৈ পৰে এই চন্দ্ৰ আৰু ৰোহিণী ৷ গাঁৱৰ মানুহেও মাষ্টৰৰ সংসাৰখনৰ কথা খুব চিন্তা কৰে ৷ কোনোৱে বিধান দিয়ে কাৰোবাৰ পৰা ডোল-তাবিজ আনিবলৈ,গাখীৰ জৰাই খাবলৈ, কবিৰাজী বুঢ়াৰ মন্ত্ৰপূত পানীৰে গা-ধুবলৈ, অমুক নামঘৰ তমুক থানলৈ টোপোলা আগবঢ়াবলৈ…এইদৰে ৰোহিণীয়েও কৰে ৷ দিনবাগৰে ৷ দিনৰ বঢ়া-টুটাত পেটৰ ক'ৰবাত কিবা এটা উমান পোৱাৰ আগতেই তাই আকৌ তিনিদিনৰ কাৰণে চন্দ্ৰৰ শয়ন পাটি ত্যাগ কৰিবলগীয়া হয় ৷ চন্দ্ৰৰ এটাই কথা -'পুত্ৰ ধন ভগৱানে সকলোকে নিদিয়ে ৷ মোৰ স্কুলৰ ল'ৰা-ছোৱালীবোৰেই মোৰ সন্তান, সিহঁতৰ মুখৰ হাঁহিকণেই মোৰ হাঁহি…৷ ৰোহিণীৰ  কিন্তু ক'ৰবাত যেন কিবা এটাই খুন্দা মাৰি ধৰে ৷ তাই এইদৰে ক'ব নোৱাৰে ৷ গাভৰু জীৱনৰ বহু সপোন তাইৰ এতিয়া অৱচেতন মনৰ চিৰ সহচৰ৷ সপোনতে তাই কাৰোবাক আঁকোৱালি একোলা লয় ৷ কাপোৰ গুচাই পিয়াহ খুৱায় ৷ চুমাৰে মুখ উপচাই পেলায় ৷ তৎক্ষণত তাই চুমা খাই থকা মুখখনত বয়সৰ চাপ অনুভৱ কৰে, দাঢ়িবোৰে বিন্ধা যেন কৰে, তাই সাৰ পাই উঠে ৷ জুইশলাৰে চাকিটো জ্বলাই চাই, নিৰ্বিকাৰভাৱে চন্দ্ৰ শুই আছে ৷ তাই নিজৰ ওচৰতে অপ্ৰস্তুত হয় ৷ 

(আগলৈ)


পৃষ্ঠাঃ ১২
অণুগল্পঃ


অবৈধ

হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্য ৭০০২৯৬১৩৬২

যোৱা ৰাতি কুকুৰ জাকৰ চিঞৰত তাইৰ কান্দোন কোনেও নুশুনিলে। কুকুৰজাকৰ টনা-আঁজোৰাত সদ্যজাত শিশুটিয়ে চট‌্ফটাইছিল ফুটপাথত  আৰু তাই গোটেই ৰাতি চট‌্ফটাই পৰি আছিল বিছনাত ৷


শাকৰ টেঙা

অৰিন্দম গোস্বামী
তিনিচুকীয়া
ম, নং  ৯৭০৬০২৩৫৬৬

মৎস্য চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা পিতৃৰ, গ্ৰাহকক আকৃষ্ট কৰিব পৰা নিপুণ কৌশলক আয়ত্ত কৰাত মগ্ন কণমানিটো। আভিজাত্যৰ ধ্বজা উৰুৱাই বিলাসী গাড়ীৰ পৰা নামি অহা চাহাবী পোছাক পৰিহিত ভদ্ৰ লোকজনে, সূক্ষ্ম দৃষ্টিৰে মাছ কেইটা নিৰীক্ষণ কৰি থাকোঁতেই " ছাৰ নিয়ক নিয়ক, ৰাঘ বৰালি,ঔটেঙাৰ লগত  ভাল জুতি উঠিব।" পুত্ৰৰ মুখত অসন্তুষ্টিৰ আভাস পাই পিতৃয়ে, নতুন চৰিত্ৰত ভাও দি ক'লে  "ঔটেঙাৰ আচল জুতি  ঢেঁকীয়াৰ লগতহে পোনাটি।"


বিয়লিৰ সংগী

বন্দনা দত্ত
দেৰগাঁও
ভ্ৰাম্যভাষ:৯১০১৭৪০৮৩৯

এদিন অজয় দুৱৰাৰ সন্তানদুটাক লৈ গৌৰৱৰ অন্ত নাছিল। দুয়োটাৰে আবদাৰবোৰ পূৰাবলৈ কি কৰা নাছিল তেওঁ। স্কুল ছুটিৰ পিছত টিউচন কৰাৰ উপৰিও বাৰীখনত পান-তামোল, শাক-পাচলি আদি কৰিও উপাৰ্জন কৰিছিল। তেওঁ আশা কৰা মতেই তেওঁৰ ল'ৰা ডাক্তৰ, ছোৱালী ইঞ্জিনিয়াৰ। দুয়োটা বিদেশতে, গাঁৱৰ হাৱা-পানী এতিয়া সিহঁতৰ ভাল নালাগে। অৱসৰপ্ৰাপ্ত দুৱৰাই এতিয়া আৰু কাৰো আগতে সিহঁতৰ কথা নুলিয়ায়। গাঁৱৰে তেনেই নিচলা মনিৰামৰ পৰিয়ালটোক তেওঁ একেবাৰে ঘৰলৈ লৈ আনিলে। সিহঁতৰ ল'ৰাটোক স্কুলত নাম লগাই দিলে। জীৱনত কেতিয়াও নিজৰ বাবে নভৱা মানুহজনে জীৱনৰ বিয়লি বেলাত নিজৰ বাবে চিন্তা কৰিলে।


পৃষ্ঠাঃ ১৩

এক মিনিটৰ গল্পঃ


অন্য এক প্ৰেম

ৰূপালীম মহন্ত
বেংগালুৰু, কৰ্ণাটকা

চহৰৰ নামী হস্পিতালখনৰ কেঞ্চাৰ ৱাৰ্ডটোৰ ওচৰতেই ইচিজি কৰা ৰুমটো।
দুৰ্বল হাৰ্টৰ, অসুখীয়া দেউতাকক অপৰাজিতাই মাজে মাজে লৈ আহে ইচিজি কৰাবলৈ। এনেয়ে এটা পিৰিয়ডিক মণিটৰিং আৰু।
এইবাৰো আহি, নিজৰ নম্বৰলৈ অপেক্ষা কৰি বহি থাকোতে, দেখা পালে সেই একেই ইয়ঙ কাপলটোক।
আঠমাহ মান আগতেও দেখা পাইছিল।
এই একেই ঠাইতে।
কোমল বয়সীয়া ছোৱালীজনী, তেতিয়া নৱ-পৰিণীতা। দেখাত কিঞ্চিত অসুস্থ লাগিছিল কিন্তু মুখখনত মিঠা হাঁহি এটাৰ লেশ আছিল। নাৰ্ভাচ যেন লগা, চটফটীয়া গিৰীয়েকটোৰ লগত কেঞ্চাৰ ৱাৰ্ডটোত তাই সোমাই গৈছিল।
অপৰাই ভাবিছিল, কাৰ বা কি হৈছে? উত্তৰ পোৱা নাছিল অৱশ্যে।
আজি পালে।
আঠমাহ পিছত, একেই কাপলটোক কেঞ্চাৰ ৱাৰ্ডটোৰ পৰা ওলাই অহা দেখিলে।
শুকাই ক্ষীণাই হাড়ে-চালে লাগি যোৱা ছোৱালীজনীৰ মূৰৰ চুলি সৰি প্ৰায় শেষ হৈ গৈছে। কোনোমতে খোজকেইটা দি খুপি খুপি ওলাই আহিছে তাই। শৰীৰটো কেম'ৰ প্ৰকোপত যেন ভাঙি পৰিছে।
অপৰাৰ দুখ এটা উজাই আহিল, ডিঙিত সোপা মাৰি ধৰিলে।
হঠাৎ সেই চটফটীয়া গিৰিয়েকটোক দেখা পালে তাই।
পিছফালৰ পৰা সি দৌৰি আহিছে। ছোৱালীজনীৰ হাতৰ আঙুলিৰ ফাঁকেৰে নিজৰ আঙুলি কেইটা সুমুৱাই দি তাইক লাহেকৈ মেৰিয়াই ধৰিছে। ছোৱালীজনীয়ে তালৈ চাই শেঁতা হাঁহি এটা মাৰিছে, আৰু তাৰ ওঁঠৰ ফাঁকেৰে উজ্জ্বল হাঁহি এটি নিগৰি আহিছে।
স্তব্ধ এক মুহূৰ্ত।
যুদ্ধত জয়ী হ'ল নে নাই সিহঁত অপৰাই জানিব নোৱাৰিলে। কিন্তু, অন্য এক ভালপোৱাৰ অনুভূতিয়ে তাইক জোকাৰি গ'ল। বস্তুবাদী, লেন-দেনৰ প্ৰেমৰ দিনত, এয়া যে নিভাঁজ এক প্ৰেম। অন্য এক প্ৰেম।



পৃষ্ঠাঃ ১৪

এক মিনিটৰ গল্পঃ

ৰিটায়াৰ্ড

নীলকান্ত হাজৰিকা

এসময়ৰ দুৰ্দান্ত বিষয়া। চাকৰি কালত সকলোৱে ভয় কৰিব পৰা ক্ষমতাৰে শক্তিশালী ব্যক্তি। নিজৰ ভুল-শুদ্ধৰ সিদ্ধান্তৰ একমাত্ৰ গৰাকী। সেইয়া লাগিলে ঘৰতেই হওক অথবা কৰ্মক্ষেত্ৰতে হওক।
…আজি অৱসৰৰ পিচত মানুহজনে বৰ বিৰক্তিৰে বাৰান্দাখনত বহি আছে। লাগ বুলিলেই বস্তু হাতত তুলি দিব পৰাকৈ চাকৰ-বাকৰ, বহু বছৰলৈকে উত্তৰাধিকাৰীয়ে বহি খাব পৰাকৈ সম্পত্তি।পিছে ভয় নকৰাকৈ যদি কাষলৈ আহে একমাত্ৰ নাতিটো আৰু বহুদিনৰ হাত ধৰা লগুৱা ৰঘু। চাকৰিৰ নিয়ম কানুন নুবুজা ৰঘুয়ে প্ৰায়ে কয়…"ঘৰতে বহি থকাতকৈ থানালৈকে ওলাই নাযাও কিয়!"
     "হেৰৌ, মই ৰিটায়াৰ্ড হ'লো। এতিয়া আৰু ক'ৰ থানালৈ যাও"। মুখেৰে সিমানখিনি ক'লেও মনটোত কোনোবাই যে গুনগুনাই যায়…" এতিয়া তাত তোৰ স্থান-মান দুয়োটাই হেৰাল"!!
"কি যে ইমান টান শব্দবোৰ কও হেৰৌ। মোৰ দৰে মূৰুখে বুজাটো টান।" ৰঘুৱে বিৰক্তিৰে ক'লে।
"ককা"…ৰিটায়াৰ্ড হোৱা মানে হ'ল অৱসৰ লোৱা।
সহজ ভাষাত যদি কওঁ…এটা নিৰ্দিষ্ট সময়ৰ পিছত মানুহ এজনক জিৰণি ল'বলৈ আহৰি দিয়া।
কিন্তু আৰু অন্য ভাষাত এইয়া স্বৰ্গ আৰু নৰকলৈ যোৱা পথৰ প্ৰথম দ্বাৰ। অৰ্থাৎ জীৱনটোত মানুহে ভাল-বেয়া বহু কামে কৰে। এই সময়খিনিত মানুহে হেৰুৱা সময়ৰ আত্মবিশ্লেষণ কৰে।বেয়া কামবোৰৰ অনুতাপে মানুহক দগ্ধ কৰে আৰু ভাল কামৰ ৰোমন্থনে অমৃত সুধা প্ৰদান কৰে। যদি বেয়াৰ তুলনাত ভাল কামৰ সংখ্যা বেছি তেন্তে স্বৰ্গ আৰু ভাল কামৰ তুলনাত যদি বেয়া কামৰ সংখ্যা বেছি তেন্তে নৰক পায়।" কোমল মাতেৰে একমাত্ৰ নাতিয়েকে কোৱা কথাখিনিয়ে নীলকান্তৰ বুকু ভেদিলে।
এইয়া তোক কোনে ক'লে পোনা ?
দেউতাই ক'লে ককা। ভাল বেয়া হেনো ইয়াতেই, মাথোঁ কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰে স্থানৰ পৰিবৰ্তন।
এৰা…মই কৰা ভাল কামৰ মাজত কৰা নীচ কামবোৰে যে এৰাতিও শুবলৈ দিয়া নাই।…হয়তো কাৰোবাৰ পিতৃক কাঢ়ি লোৱাৰ বাবে নিজেও আজি সন্তানৰ পৰা আঁতৰি থাকিবলৈ মই বাধ্য!
হয়তো আৰু বহু বাকী…নৰক যাতনা পাবলৈ... বহু বাকী।



পৃষ্ঠাঃ ১৫

অনুবাদ কবিতাঃ

সেই দিনাই দীপাৱলী হয় 
(মূল-অটল বিহাৰী বাজপেয়ই)

সেই দিনাই দীপাৱলী হয়,
যেতিয়া মনত উঠে আনন্দ-লহৰ,
জিলমিল তৰাবোৰ হয় অধিক উজ্জ্বল,
যেতিয়া চৌদিশে সুখৰ শুভ আৱেশত
দুখৰ মাজতো আনন্দৰ মেলা পতা হয়,
সেইদিনাই-
পোহৰৰ উৎসৱ দীপাৱলী হয় ৷

যেতিয়া হৃদয়ত জ্বলে প্ৰেমৰ দীপক,
সপোনবোৰ যেতিয়া সাকাৰ হ'ব ধৰে,
মন যেতিয়া ভৰে মধুৰ ভাবেৰে,
শস্যৰ সেউজী লহৰে পথাৰত খেলে
আৰু উৎসাহৰ আভাই চৌদিশ আৱৰে
সেইদিনাই-
পোহৰৰ উৎসৱ দীপাৱলী হয় ৷

যেতিয়া প্ৰেমৰ ভাষা কথাত নিগৰে
শত্ৰুকো আঁকোৱালি দুহাতে সাৱটে 
যেতিয়া কাৰো কোনো বৈৰী নহয়,
সকলো আপোন হয়, নাই কোনো পৰ 
আপোনত্বৰ পোহৰত পৃথিৱী উজলে,
সেইদিনাই-
পোহৰৰ উৎসৱ দীপাৱলী হয় ৷

যেতিয়া দেহ-মন -জীৱন হয় পুলকিত,
চতুৰ্দিশে সদ্ভাৱৰ ডবা-শংখ ধ্বনি,
আকাশতো আনন্দৰ সুগন্ধ বিয়পে,
তৃপ্তিৰ আভা সনা জোনাক সৰে,
সেইদিনাই-
পোহৰৰ উৎসৱ দীপাৱলী হয় ৷


মূল কবিতাটি



অনুবাদ
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলিপাৰা,গুৱাহাটী-১৯
মোবাইল নং:৭০০২৪০৯৬৫৫


পৃষ্ঠাঃ ১৬

অনুবাদ কবিতাঃ


দিশ

মূল (হিন্দী): কেদাৰনাথ সিং
অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন

হিমালয় ক'ত আছে?
মই সেই ল'ৰাটোক সুধিলোঁ 
যি পঢ়াশালীৰ বাহিৰত 
চিলা উৰাই আছিল 

তাত তাত— সি ক'লে 
যি ফালে তাৰ চিলাখন উৰি গৈছে 

মই স্বীকাৰ কৰোঁ 
মই প্ৰথমবাৰ জানিলোঁ 
হিমালয় ক'ত আছে! 


( কেদাৰনাথ সিং : হিন্দী সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি, প্ৰাৱন্ধিক, গল্পকাৰ ৷ তেখেতৰ জন্ম: ১৯৩৪ চনৰ ৭ জুলাইত চাকিয়া বেনাৰসত আৰু মৃত্যু : ২০১৮ চনৰ১৯ মাৰ্চত নতুন দিল্লীত ৷ তেখেতৰ কাব্যগ্ৰন্থ- 'অভি বিলকুল অভি', 'জামিন পৰ ৰাহি হে', 'এহি  চে দেখৌ', 'অকাল মে সাৰস' 'ভাগ' ট্ৰলষ্টয় অ'ৰ চাইকেল' ৷ ১৯৮৯ চনত হিন্দী কাব্যগ্ৰন্থ 'অকাল মে সাৰস' ৰ বাবে সাহিত্য অকাডেমী বঁটা আৰু ২০১৩ চনত জনপীঠ বঁটা লাভ কৰে ৷ )


পৃষ্ঠাঃ ১৭

কবিতাঃ

মামণি বা,তুমি অতুলনীয়া

ভ্ৰুযুগলৰ মাজেৰে চিৰ প্ৰকাশমান তেজৰঙা বেলি
মামণি বা তুমি মহিয়সী নাৰী
মাত্ৰ সাতাইসটা বসন্ত গৰকি
সৃষ্টিৰ কৱচৰূপে পিন্ধিল'লা বৈধৱ্য যন্ত্ৰণা....
বিদ্ৰোহৰ লেলিহান শিখা বুকুত বান্ধি ধ্বাৱমান তুমি সত্য আৰু সুন্দৰৰ পথত
জ্যোতিষীৰ আদেশ সাৰোগত কৰি ব্ৰহ্মপুত্ৰত তোমাক আহুতি দিলে, বৰলুইতে জানো তোমাৰ ভাৰ সহিলে হয় ? তুমি খবৰ ৰাখিছানে মামণি বা আমৰাংগাত তোমাৰ "হাওদা"ই উচুপে
গাভিনী পথাৰৰ শইচৰ থোঁকে
হালি-জালি তোমাৰেই গীতিমা গালে...
তুমিযে আলোকদত্তা স্নেহৰ লহমা...
তোমাৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
চেনাবৰ স্ৰোতস্বিনীৰ কোবাল ধাৰা
অমাত জীৱৰ ৰক্তেৰে বলিশাল ৰঙা হোৱা দেখি
প্ৰতিবাদী কণ্ঠ তোমাৰ গৰজি উঠিল "ছিন্নমস্তা"ই  প্ৰাণ পালে , বিবেকৰ আত্মপ্ৰত্যয় ৰোধি নিনাদিত হ'ল "অহিৰণ"
কাজল সনা দুটি চকুৰ পতাত
ভাস্যমান  যেন দুটি ৰত্ন দ্বীপ
তাতেই প্ৰোথিত হ'ল সহস্ৰ জনৰ প্ৰাণৰ আৰ্তনাদ
"তেজ আৰু ধূলিৰ ধূসৰিত পৃষ্ঠা"
বাৰে বাৰে বাচি ল'ব খোজা আত্মহননৰ পথে
উদ্বেলিত কৰে তোমাৰ সঁচা মানৱতা-------!
ঠন ধৰি উঠে জীৱন জিজ্ঞাসা
তাৰেই জ্বলন্ত প্ৰমাণ
"নীলকণ্ঠী ব্ৰজ "আৰু "ৰামাঞ্জলি"
সুধাকণ্ঠ ভূপেন দালৈ আবেদন আছিল তোমাৰ
"ভূপেন দাৰ অবিহনে তুমি জনমভূমিৰ নক্সা আঁকিব নোৱাৰা" সেয়ে চাগে হাতে হাত ধৰি অনন্ত ধামলৈ গতি কৰিলা------!
লিখি গ'লা জনমভূমিৰ ধূলিয়ৰিত এখন কালজয়ী পৃষ্ঠাৰ যুগজয়ী ইতিহাস
দূৰ্বাৰ সাহস আৰু নিৰ্ভিকতাৰ  !!
             
ৰেখা বৰকটকী
যোৰহাট


পৃষ্ঠাঃ ১৮

ৰাতি

ৰাতিৰ বুকুত বিচৰণ কৰি ফুৰে
ক্লান্ত এটা মন
মনটোক
কলিয়া লতাৰ দৰে মেৰিয়াই ধৰে 
চিন্তাৰ লতা ডালে 

আমি নিঃকিন নিচলা মানুহ
হাতৰ সজুলি বোৰ চলিলেহে মুকলি হয় ভোকৰ ভাত 

কথাবোৰ আপুনি জানে
কথাবোৰ আপুনি বুজে
কথাবোৰ আপুনি চিঞৰি চিঞৰি কয়
আমাৰ কথা আমাৰেই সমুখত

আশাৰ টোপোলা বান্ধি আমি উভটি আহোঁ
কথাৰ বৰষুণত তিতি
ৰাতিৰ নিৰলাত বহি আলচ কৰোঁ
কথাবোৰ সঁচা হ'লে সপোনবোৰ দিঠক হ'ব
পেটৰ কেঁচু কুমতিবোৰ মৰিব

ৰাতিৰ বুকুত ৰাতিয়ে বাহ সাজে
কিমান ৰাতি সপোনৰ পম খেদি খেদি ?
নুমলীয়া সপোন এদিন বুঢ়া হয়
শেষ নহয় 
ৰাতিৰ স'তে ৰাতিৰ সহবাস ।।।।

মঞ্জিত হাজৰিকা
ৰজাবাৰী গাঁও
(নকছাৰি)
যোৰহাট, অসম
ম'বাইল নং: 6000709096


পৃষ্ঠাঃ ১৯
আপোনাৰ প্ৰতিশ্ৰুতিৰ শব্দত
সাৰপোৱা হৃদয়ৰ কোঠালীটো...

এই যে সৰল হৃদয়ৰ অনুভৱবোৰ
সেইয়া খণ্ডিত ভগ্নৰ টুকুৰা স্বৰূপ,
জীৱনৰ জীয়া সোঁতত
কেতিয়াবা আবেগত সাৰ পায়
আকৌ কাৰোবাৰ আঘাটত আধৰুৱা হয়,
আপুনি কষ্টৰে মোৰ হৃদয় জুখিব নালাগে
মাত্ৰ আপোনাৰ দুখবোৰ দি যাওকচোন
সংকোচ নোহোৱাকৈ এই হৃদয়ৰ কোঠাই
আকুলতাৰে সাঙুৰি ল'ব,
কিন্তু আপুনিও চাগে অন্যজনৰ দৰে মন গলেই 
পেলনীয়া বস্তুৰ দৰে ডাষ্টবিনলৈ পেলাই দিব,
আৰু পৰিত্যক্ত হৃদয়ত সন্নিবিষ্ট হ'ব বিশ্বাসঘাটকতা
তথাপিতো কেতিয়াও এই হৃদয়ে
অভিযোগ নকৰে আপোনাৰ হৃদয়ক,
মাত্ৰ মনৰ একোণত উপজিব পাৰে ঘৃণাৰ বীজ!
এই যে মানুহে কয়
মিছা চকুলো নুটুকিব
আপোনাৰ হৃদয়েই নাই....!!
কিন্তু মই হৃদয়হীন হৈ
কেনেকৈ উচুপি উঠিম ?
চকুলো হৃদয়ৰ আবেগ
য'ত সাৰ পাই হৃদয়ৰ কষ্টৰ খৰতকীয়া সোঁত
প্ৰেম মানেই হৃদয়ৰ হৃদস্পন্দন,
দানৱৰ হৃদয় নাই মানৱৰ হে আছে
কিন্তু ক'ৰবাত চোন সেই মানৱেই
স্বাৰ্থলোভৰ অৰ্থত ধ্বংসৰ স্তূপ বান্ধে,
আপোনাৰো এখন হৃদয় আছে
প্ৰত্যেকজনৰে এখন হৃদয় আছে
মাথোঁ নিকা হৃদয়ৰ অভাৱ
মাথোঁ হৃদয়ৰ মূল্যহীনতা,
মাথোঁ এতিয়া সকলোৰে মাজত প্ৰতিযোগিতা
বিষয় হৃদয়হত্যা ।

নিতুমণি গগৈ
ডিব্ৰুগড় ,অসম


পৃষ্ঠাঃ ২০

মই  জোনাক ভালপাওঁ

মই জোনাক ভালপাওঁ
জোনাকী পৰুৱাৰ সন্ধ্যা
আৰু তুমি ?
মই জানো মোৰ দৰে তোমাৰো  জোনাকেই প্ৰিয়!
প্ৰিয় তোমাৰ সন্ধ্যা আৰু ৰজনীগন্ধা।

ৰঙা নিপিন্ধিবা চোন 
উতনুৱা হোৱাৰ  হাবিয়াস এতিয়া নাই,
তুমি চোন জানাই ৰঙাত মই কিমান মতলীয়া।

মোৰ সমাধিত তুমি আজি এপাহ বগা গোলাপ দিবা
মোৰ শূন্যতাত তুমি চকুলো নটুকিবা,
তুমি চোন জানাই
মই কৈছিলোঁঃ " তোমাৰ চকুত চকুলোৱে শোভা নাপায়।

অ' শুনা•••
ক'বলৈ পাহৰিছিলোঁ
এতিয়া মোৰ বগা প্ৰিয়,
তুমিও বগা পিন্ধিবা চোন
"বগাৰ প্ৰেমত পৰোঁ আহাঁ।"

মই জোনাক ভালপাওঁ 
জোনাকী পৰুৱাৰ সন্ধ্যা আৰু তুমি?

মাধূৰ্য্য বৰা


পৃষ্ঠাঃ ২১
কবিতা

সকলো কথা খুলি কোৱা নহ'ল কাৰণ, পৰ্দাৰ আঁৰত তুমি
সকলো ঠিকনাই বাট হেৰুৱাই
বাখৰুৱা পথিকৰ থাকে জানো ঠিকনা 
হেঁপাহৰ ডেউকাত ওলমি থাকে জোনাক বধিৰ বকুল ফুলৰ নিৰ্জন নিৰ্যাস কোমল সমীৰণত
 কেতিয়াবা উন্মনা হৈ লিৰিকি-বিদাৰি চাওঁ নৈশব্দৰ কল্লোলতা
তোমাৰ- মোৰ মাজত এখন নিৰবধি নদী
আশাৰ সপোন বোৰে গঢ়ে সপোন- সুৰভিৰ নিৰ্লোভ সাঁকো.....

যুগল সন্দিকৈ
শিৱসাগৰ


পৃষ্ঠাঃ ২২
অবাৰ্চীন

মিছা প্ৰেমৰ ভ্ৰমত তুমি বলিয়া
তাকো নাজানা ৰাধা নে ৰুক্মিণী।।
ৰাধে ৰাধে বুলি বিশ্ব ভ্ৰমিলা
ৰাধে যে দুৱাৰ দলিত
তাকো নাজানিলা।
কৰ্মৰ তাগিদাত তুমি মথুৰা পালা
স্থান এৰিলে মান হেৰাই
ভুল বুলি প্ৰমাণ কৰিলা।
পৰিত্যক্ত প্ৰিয়তমাৰ বিষাদ
যিমানে গভীৰ,
প্রিয় বৰৰো চাগে সিমানেই গভীৰ,
এগৰাকীৰ হুমুনিয়াহ
আন গৰাকীৰ বিহ্বলতা,
কন কণ মান,
কণ কণ অভিমান,
থুপি থুপি বৰফ লাগে;
এচকল ৰঙা ৰ'দ;
অস্ত নোযোৱা
জুই হৈ জ্বলে;
দলবদল হয়
বৰফ পিঘলে।
আৰু-প্ৰেম বোৰ 
সঁচা হৈ গ'ল,
তুমিও নাজানিলা।

গীতা শৰ্মা
মুম্বাই
sarmageeta981@gmail.com


পৃষ্ঠাঃ ২৩
প্ৰিয়তমা

হে প্ৰিয়তমা !
এয়া তুমিতো নহয় ?
বৰ বাৰিষা তোমাৰ
সজীৱ চকুপানীৰে 
মোৰ সুখৰ উৰুঙা পঁজাটি 
বুৰাবলৈ আহিছা।
তোমালৈ মোৰ বাৰে বাৰে প্ৰশ্ন-
  কি পাবা 
  কি পাবা
  কি পাবা ?
একে উশাহেঁৰে  কওঁ 
সমস্ত আৱেগৰ শিকলি চিঙি
নিজৰ সুখৰ ভাগটো লৈ 
স্বাৰ্থপৰতা কঢ়িয়াই কি পালা ?
ভটিয়াই আহিছা
উটি যাব নোৱাৰিবা
মোৰ নাওঁখনো 
বঠা নোহোৱা।
আকৌ কম-
  কি পাবা ?
  কি পাবা?
  হে প্ৰিয়তমা এয়া তুমিতো নহয়।

জিমিৰেখা শৰ্মা
নলবাৰী

পৃষ্ঠাঃ ২৪

নীল ৰঙী অনুভৱ

তোৰ স্পৰ্শই আলোড়িত কৰিছে
মোৰ মন মজিয়াৰ 
প্ৰতিটো খোঁটালী
শব্দই কৰ্ষণ কৰা কঠীয়ানি 
ডৰাত ৰোপণ কৰিছোঁ
মুঠি মুঠি নীল ৰঙী অনুভৱ,
আশাত 
শব্দৰ ধাৰেৰে বিদিৰ্ণ কৰিব 
অনুভৱী হৃদয়ৰ চুক -কোণ।
মেলি দিব এখনি সেউজীয়া
অননুভূত আস্বাদন 
অপসৃয়মান অনুভূতিৰ 
স্নিগ্ধতাত বুৰ যাম মই 
তুমি -তুমি লগা এটা কলধ্বনি
দেখিবলৈ পাম 
লাস্যময়ী নদীৰ লাবন্য 
আৰু 
মোৰ আজন্ম সাধনাৰ 
বুকুৰ তৰংগহীন পানীৰ  
ধাৰা মিলি যাব
সেই নদীৰ ধাৰাৰ সতে 
সন্তৰ্পণে ।

অসমা তুংখুঙীয়া 
শিৱসাগৰ


পৃষ্ঠাঃ ২৫

আহ্বান

ছবিত তাই 
 তুলিকাৰে ৰং
     বুলাই গৈছিল
       ৰঙা, নীলা, হালধীয়া
           যেন
      অমানৱীয়তাত
        অনাহাৰত 
         দুৰ্ঘটনাত 
           পতিত হৈ
        আকুল আশাৰে
          হেপাঁহেৰে
         প্ৰাণ লৈ  জীয়াই 
          থাকিব বিচৰা
           কিছুমান 
                  প্রেতাত্মা।। 

              কিন্তু 
          থমকি ৰৈ গৈছিল 
           তাইৰ হাতৰ  তুলিকা 

             মহালয়াতো
              কেতিয়াবাই 
               পাৰ হৈ গ'ল
           তেন্তে 
             শাৰদী ৰাণী
             এতিয়া  ক'ত??
      
           পৃথিৱীলৈ বাৰু
          কিহত আগমন??? 

             ঘোঁৰাত, হাতীত
             নৌকাত নে
                     দোলাত?? 
          
             
            আদৰিবলৈকো
              বিশ্বত আলোড়ন 
               কৰা সন্ত্রাসী 
                   বীজানুৰ ভয়ত
               লুকাই গ'ল
                    পেঁপা, পুতলা
                       বেলুন, জেলেপিৰে ভৰি 
                               পৰা
                           শাৰদীয়
                                উৎসৱ ।
                           তাই
                       তুলিকা সামৰি
                      কাতৰে
                         জনালে
                           আহ্বান 
                      হে, শাৰদী ৰাণী
                         নিৰ্মল কৰাহি
                           আহি এই 
                         সুন্দৰ ধৰা, 
                     প্ৰাণ পাই  উঠক
                       মোৰ এই ৰং
                            তুলিকা।।।
 
উষা বৰপূজাৰী
জাঁজী জামুগুৰি, শিৱসাগৰ


পৃষ্ঠাঃ ২৬
তুমিহীনতাৰ সুবাসেৰে  সুবাসিত গানটি

হালধীয়া পাতবোৰ গচকি গচকি 
বসন্তৰ সপোন ভঙাৰ বেদনাৰে 
সকলো হেৰুৱাইওঁ নিস্বঃ হোৱাৰ ভয়ত 
হেৰুওৱা সুবাস সাৱটি
চিতা জুই পুৱাই 
কথা পাতিছো জোনাকৰ সতে।
 গতি কৰিছো 
দেহৰ পৰা দেহান্তৰলৈ 
হৃদয়ৰ পৰা মগজুলৈ
নিৰৱ, নিৰ্মম যাত্ৰাত প্ৰত্যক্ষ কৰিছো 
শূন্যতা আৰু আকাশৰ বিশালতা ৷
 তোমাৰ বিষাদনীল দুচকুৱে 
খোদিত কৰি গ’ল কলিজাত মোৰ
"হৃদয় এক মহাকাব্য" ৷
তুমি অহাহেতেন দেখিলাহেতেন 
কিমান সুখী আজি মই
অপ্ৰাপ্তিৰ বেদনা পাহৰি 
ৰৈ আছো 
অসীমৰ প্ৰতিশ্ৰুতিৰে ৷

হেৰম্ব জ্যোতি 
মংগলদৈ, দৰং
৯৭০৬৫২৯২০৫


পৃষ্ঠাঃ ২৭

জীৱন

জীৱন,
জীয়াই থকাৰ এটি নাম, 
সুখ-দুখৰ মাজেৰে কৰা জীৱন সংগ্ৰাম।
উঠা-নমা, খলা-বমা কাঁইটীয়া বাট, 
পৃথিৱীত জীৱন মাথোঁ এবাৰ, 
দ্বিতীয় বাৰলৈ স্থান নাই তাত ।
কত আপোন পৰ হয়
পৰেই হয় আপোন,
কত চিনাকি অচিনাকী 
আহে আৰু যায়, 
এই আছে এই নাই ! 
জীৱনত কাৰোৰে ৰ'বৰ সময় নাই ।
নহয় মসৃন ই ,নহয় চিৰযুগমীয়া, 
আশা-নিৰাশাৰে ভৰা জীৱন খন্তেকীয়া।
জন্ম-মৃত্যুৰ মাজৰ ই অনিশ্চিত ক্ষণ, 
নিজৰ স'তে চলি থকা এখন অন্তহীণ ৰণ ।
জীৱন-
পোৱা আৰু নোপোৱাৰ 
হাঁহি আৰু কান্দোন ,
সোণোৱালী-ৰূপোৱালী 
এখনি চিকমিক্ দাপোন, 
প্ৰতি পলে লৈ ফুৰা 
এটি সোণালী সপোন ।।

মনচুমী কলিতা নাথ
মালৌ আলি, যোৰহাট


পৃষ্ঠাঃ ২৮
প্ৰকৃতিৰ ভিন্ন ৰূপ

সৃষ্টিৰ মঞ্চত ধুমুহাৰ তাণ্ডৱ নৃত্য, 
নৃত্যৰ তালে তালে উভালিল সহস্ৰ বৃক্ষ । 
আম-ফানে মোহাৰিলে মানুহৰ জীৱনৰ লক্ষ্য, 
নিমিষতে চাৰখাৰ হ'ল  অজস্ৰজনৰ সংকল্প ।। 

সমুদ্ৰত উৎপত্তি হ'ল এই ধুমুহাৰ 
যি ফালে  আগবাঢ়ি যায়, সেইফালে নিস্তাৰ নাই । 
সকলোৱে আপোনজনৰ মুখলৈ চাই, 
ধুমুহাই মুহূৰ্ততে নিয়ে উৰুৱাই ।। 

কালি কৰ'না, আজি ধুমুহা, কাইলৈ আহিব বান, 
বিধ্বংসী বানে উটুৱাই নিয়ে হেঁপাহেৰে সজা পঁজা
ৰূপোৱালী বালিৰে উপচি পৰিল সোনোৱালী পথাৰখন 
বানৰ ঢৌৱে উটোৱাই নিয়ে পশু পক্ষীগন ।

কৰ'নাই সলালে জীৱনৰ গতিপথ, 
ধুমুহাই ভাঙিলে ঘৰ, 
বানৰ ফলত নিঃশেষ হ'ল জীৱনৰ শেষ আশ্ৰয়স্থল
প্ৰকৃতিৰ ভিন্ন ৰূপে স্তব্ধ কৰে দেশৰ উন্নয়ন ।। 

সত্য, ত্ৰেতা, দ্বাপৰ শেষ হৈ আহিল কলি যুগ, 
এফালৰ পৰা জীৱকুল নিঃশেষ কৰিবলৈ........ 
প্ৰকৃতিৰ এনে অভিন্ন ৰূপ......... ।। 

ৰঞ্জনা শৰ্মা
ধুবুৰী
8876302170


পৃষ্ঠাঃ ২৯
স্মৃতি

ধূপৰ সুৰভিত
মানস কোঠৰী
সুন্দৰ ভাৱনাৰ স্বৰ্ণালি আৱেশে
মন কৰিছে ৰক্তিম
ভিন্ ভিন্ ভাৱেৰে
ব্যাকুল আকুল
মানস নদীৰ ইপাৰ সিপাৰ ,
সন্ধ্যামালতীৰ মনোৰম পাহিয়ে
আছে ৰৈ পোহৰ পিয়াসী হৈ
দীপ্ত তৰালীৰ
আলোক উজ্জ্বল বিভাবৰীৰ
কোলাত স্মৃতিৰ আবিৰ 
সানি ৰৈ আছোঁ মই ৷

দীপালী শইকীয়া গগৈ


পৃষ্ঠাঃ ৩০
বাপু তুমি দেখিছানে ?

অসংখ্য জনতাৰ মাজতো
তোমাক বিছাৰোঁ,
তোমাৰ সততাক সত্য বুলিয়েই
স্বীকাৰ কৰোঁ।
জলন্ত চাকিৰ দৰে উজ্বলি থকা
বাণীবোৰ সোঁৱৰো,
তুমি শিকাই যোৱা কথাবোৰ
আওকান জানো কিয় কৰোঁ !
দুৰ্বলতাৰ চিৰি বগাই
আকৌ জপিয়াই পৰোঁ।
শান্তি বিচাৰি নিজেই শান্তনা লভো,
দুখী আৰু দুখবোৰক হাঁহিত বন্দী কৰি চকুলো টোকো,
তোমাৰ নামেৰে সত্যৰ ধ্বনি গায়
অসত্যৰে আগুৱাই যাওঁ।
তুমি আকৌ দুনাই জনম নল'বা,
তোমাক আকোৱালি লোৱাৰ 
কাৰো সাহক নাই।
তুমি সত্য হৈ জিলিকি থাকা ।
তোমাক কৰোঁ সহস্ৰ প্ৰণাম ।।

কবিতা দেৱী
নুনমাটি
 ৭০৮৬৫২২৪৪৮

পৃষ্ঠাঃ ৩১

আলাপ

কাৰ বাবে অভিযোগ কৰ তই শেৱালি ?
উদিত সূৰুযৰ ৰাঙলী আভাৰ সতে ঠেহ পাত নহয়নে ?
নে নীলাকাশৰ জোনৰ সতে
মতলীয়া প্ৰেমৰ শেষত
বিচ্ছুৰিত হৈ পৰ প্ৰতাৰিত হৈ....
নে বিনিময়ৰ দিনলিপিত
মিছা অভিনয়ৰ আবেগত
তোৰ যৌৱন ধূসৰিত হয়!
সপোনৰ সৌধ ভাঙি পৰাৰ দুখত তয়ো চাগে ভাগৰি পৰ
মূক মৌন হৈ উচুপি থাক
নিৰৱে নিশব্দে.....
সুখৰ সুগন্ধি বিলাই কিমান কাতৰতা, কিমান যান্ত্ৰণাৰ শেষত
গোপন বেথা বুকুত বান্ধি
নিজকে বিলাই দিয় নিয়ৰৰ সতে....
কাৰ অভিসাৰৰ বাবে ফুল তই 
মাথোঁ এৰাতিৰ বাবে..... ?

মিনাক্ষী গগৈ
যোৰহাট
৭৬৩৬০৪৯৭৫৩

পৃষ্ঠাঃ ৩২


অনুভৱ

অনুভৱৰ দিনলিপিঃ বৰষুণ

কিয় জানো মোৰ সদায়ে ভাব হয়  বৰষুণ যেন এটা সুৰীয়া কবিতা। ৰুণজুন নূপুৰৰ বাখৰুৱা লহৰ তুলি গছ বিৰিখত গভীৰ সেউজীয়াবোৰ সানিবলৈ ধৰালৈ নামি আহে বৰষুণ, হৃদয়ে হৃদয়ে  সানি দিয়ে অমল প্রশান্তি৷ সেয়ে বৰষুণ এটা কবিতা নহয়নো কি ? সেই তাহানিৰ পৰাই মই বৰষুণ আকলুৱা ৷ সাত কি আঠ বছৰ বয়স তেতিয়া ৷ শৈশৱৰ সেই নুবুজা দিনবোৰতে মই বৰষুণ ভাল পাবলৈ লৈছিলো।
বৰষুণ আহিলে মোক আৰু কোনে পায়! উলাহত নধৰা হয় হিয়া। বৰষুণত তিতিবলৈ চোতাললৈ দৌৰ মাৰো। মায়ে বাৰাণ্ডাৰ পৰা খঙত চিঞৰে, ‘উভতি আহিবিনে ?’ দেউতাই মাক বুজাই ‘খং নকৰিবা, তিতক দিয়া তাইক শৈশৱটো উপভোগ কৰিবলৈ দিয়া। তেতিয়া দেউতালৈ বৰকৈ মৰম লাগি যায়। হেঁপাহ পলুৱাই বৰষুণত তিতোঁ। মোৰ ৰঙা হালধীয়া ফুটুকীয়া ফ্রক তিয়াই বৰষুণ নামি যায় মাটিলৈ। মই আনন্দত আত্মহাৰা হওঁ। বাৰাণ্ডাৰ পৰায়ে মোৰ সেই আন‌ন্দ ঘৰৰ আটায়ে ভৰপুৰ চাৱনিৰে চাই ৰয়। চিঞৰি চিঞৰি ভাইটি আৰু ভন্টীক মাতো। নাই সিহঁত নাহে। বৰষুণলৈ ভয় কৰে৷ অসুখ হ’ব বুলি। ৰাতিলৈ কিন্তু মোৰ ঠিকে অসুখ হয়৷ মায়ে কপালত জলপতি দিয়ে৷ জ্বৰৰ মাজতো বৰষুণত তিতাৰ মিঠা অনুভৱৰে ভৰি থাকে হিয়া। মাক কওঁ ‘মা আজি ইমান ভাল লাগিছে কাইলৈ বৰষুণ আহিলে মই আকৌ তিতিম দেই। হাঃ মায়ে অবাক চাৱনিৰে মোলৈ চাই ৰয়। মাক মই তেতিয়া সাৱটি ধৰো কওঁ মই ভাল হৈ যাম চাবা। সঁচাকৈ পুৱালৈ মোৰ অসুখ ভাল হৈ যায়। মোৰ বৰষুণ প্রীতি দেখি অসুখেও হাৰ মানে। বৰষুণৰ প্রতি সেই অপাৰ অনুৰাগ লৈয়ে লাহে লাহে মই যৌৱনত ভৰি দিওঁ। সংগোপনে ওমলি থাকে মনৰ মাজত সপোন যেন এজাক বৰষুণ। সেয়েহে বৰষুণেও হয়তো পাহৰিব নোৱাৰে মোক৷ গভীৰ ৰাতি টোকৰ মাৰে মোৰ দুৱাৰত। খপ-জপাই সাৰ পাওঁ বাহিৰত সেইয়া কিহৰ শব্দ বুলি! ৰুণজুন নূপুৰৰ গুঞ্জন তুলি সেয়াচোন মোৰ বৰষুণ। উদ্বাউল হৈ বাহিৰলৈ দৌৰি যাওঁ। দুহাত মেলি মই বৰষুণৰ টোপালবোৰ চুই চাওঁ, ইমান শীতল এটা হিম চেঁচা পৰশ। আঃ কি শিহৰণ......। মোৰ কপাল, চকু, ওঁঠ তিয়াই বুকুৰ অটল তলিলৈকে সোমাই যায় বৰষুণ। নিবিড়ভাবে সাৱটি ধৰো বৰষুণক আৰু কওঁ নাযাবা বৰষুণ মোক এৰি থৈ নাযাবা। মোক আজি আকৌ এবাৰ জীপাল কৰা৷ ভৰি উঠক মোৰ বুকুৰ তৃষ্ণা।  আজিকালি মই বাৰুকৈয়ে অভাৱ অনুভৱ কৰিবলৈ লৈছোঁ অসমৰ বৰষুণজাকৰ। আকাশ ভাঙি বৈ অহা বৰষুণজাকৰ মিঠা সান্নিধ্যৰ পৰা বঞ্চিত হোৱাৰ এক অসহনীয় বেদনাই প্রায়ে অস্থিৰ কৰি তোলে মোক। মই জানো যদিও ৰাখিব নোৱাৰো বৰষুণক আজন্ম মোৰেই কাষত৷ তথাপি হিয়া উজাৰি আশা কৰো এজাক বৰষুণ আহক। শৈশৱত তিতাৰ দৰে আকৌ এবাৰ জুৰুলি জুপুৰি হ’ম৷ বাৰুকৈয়ে প্রয়োজন আজি মোক এজাক বৰষুণৰ৷ কাৰণ বৰষুণেহে জানে কি এক দুঃসহ বিষম বেদনা অহৰহ বুকুত কঢ়িয়াই ফুৰিছোঁ৷ সংগোপনে প্রোথিত কৰিছোঁ সেই গোপন হেঁপাহ৷ সোনকালে মই মোৰ দেশলৈ যাম৷ চিপ-চিপ মায়াৱী বৰষুণজাকত নিজকে বিলীন কৰিম৷ এইবাৰ কিন্তু বৰষুণজাকক মোৰ পৰা আঁতৰি যাবলৈ নিদিওঁ৷ দুহাতৰ মুঠিত সুমুৱাই ৰাখিম বৰষুণৰ কণ কণ ৰূপোৱালী তৰাবোৰ৷ আকাশ ভাঙি বৈ আহক এজাক সপোনৰ বৰষুণ.....!

প্ৰীতি ৰেখা দাস
বাংগালোৰ

পৃষ্ঠাঃ ৩৩
অনুভৱ

 শৰতৰে সেমেকা ৰাতি
    শুনিছো নিয়ৰৰ ৰুণজুন...

     শৰৎ মানেই শেৱালি, শেৱালি মানেই শৰৎ৷ শৰতৰ জোনাক নিশাৰ আকাশ আৰু ঢলপুৱাৰ প্ৰকৃতি, আৱেগৰ ৰহণ সনাৰ এটি মাথোঁ নাম৷ 
      প্ৰকৃতি নহয় কেতিয়াও উল্লাসিত তোমাৰ অবিহনে৷ প্ৰেমিক হৃদয়েও ৰিঙিয়াই হয়তো সেই আপাহতে৷ তুমিতো নাজানা তোমাৰ অস্তিত্বতে যে জীয়াই আছে প্ৰকৃতিৰ এটি এটি প্ৰাণ৷ হৃদয় জুৰুৱা হাঁহি কিয় মাৰা তুমি? তুমিতো নাজানা মই যে তোমাৰ প্ৰেমিক৷ নৈকাণৰ কঁহুৱাৰ বতাহচাটি বৰ আপোন৷ ক’ৰ’বাৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি আহে তোমাৰ আগমনৰ বতৰা৷ পদূলি মূৰৰ শেৱালিৰ সুৱাস চোন তুমি অহাৰেই সেই চিনাকি সুগন্ধি৷ সেউজীয়া দলিচাখনিৰ ওপৰত আজি পাৰি থৈছো তোমাৰ প্ৰিয় বগাখিনি৷ আহিবাচোন এবাৰ মোৰ দুৱাৰডলিলৈ সেই বগাখিনিক গচকি৷
      নঙলাৰ মূৰত জানো কোন ৰৈ আছে অতপৰে ? কুমলীয়া বেলিটিৰ আভাত চোন মুকুতা হৈ জিলিকিছে! মোৰ মনটোও চোন আজি ৰঙীন পখিলি হৈ উৰিছে, অবাধে৷ কঁহুৱাৰ দৰে শুকুলা চাদৰখনিয়ে মোৰ দেহা ঢাকিছে৷ চোৰ চকুৰে নাচাবা৷ মোৰ লাজ লাগে৷ তোমাৰ বাবেই যেন ৰৈ থাকো প্ৰতিটো বছৰে৷ তুমি আহিবা, মোক মাতিবা আৰু এবাৰ তোমাৰ শীতলতাখিনি মোৰ দুবাহুত সানিবলৈ দিবা৷ অনুভৱখিনি সজীৱ হৈ তোমাৰ মাজতে সমাহিত হৈছে৷ উশাহৰ তীব্ৰতা আৰু গভীৰতা মোৰ বুকুৱেদি বাগৰিছে৷ এয়াই নেকি তোমাৰ আগমনৰ পৰশ শৰৎ? তলসৰা শেৱালিয়েও মোক কাণে কাণে কৈছে তুমি হেনো মোৰ পদুলি মূৰত! 
     আহাঁচোন এবাৰ শৰৎ৷ ৰোৱাহি এই প্ৰকৃতিত আৰু সিঁচি দিয়া তোমাৰ শীতল সুৱাস প্ৰতিটো প্ৰাণে প্ৰাণে৷

দীক্ষা বৰা
কটন বিশ্ববিদ্যালয় 
ইংৰাজী বিভাগ, প্ৰথম ষন্মাসিক৷



পৃষ্ঠাঃ ৩৪

নিৱন্ধ

শিৱসাগৰৰ ঐতিহ্য

৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ অসমৰ এখন ঐতিহাসিক জিলা শিৱসাগৰ । সমগ্ৰ জিলাখনতে আহোম সকলৰ শাসন কালৰ অনেক স্থাপত্য , ভাস্কৰ্য্য , মৈদাম , পুখুৰী , গড় , আলিবাট আদি সিঁচৰিত হৈ আছে । শিৱসাগৰ জিলাৰ মাটিকালি ২৮৮৬ বৰ্গ কিল'মিটাৰ । শিৱসাগৰ জিলাৰ চাৰিসীমা ,পূৱে চৰাইদেউ জিলা ,পশ্চিমে যোৰহাট জিলা আৰু জাঁজী নদী , উত্তৰে ব্ৰহ্মপুত্ৰ আৰু লক্ষীমপুৰ জিলা , দক্ষিণে নগালেণ্ড । শিৱসাগৰ জিলাখন বহুতো নদ- নদীৰে ভৰা । জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে । দিচাং , দিখৌ , দৰিকা , জাঁজী নদী জিলাখনৰ  প্ৰধান নদী ।
         শিৱসাগৰ জিলাখন আহোম ৰাজবংশৰ দৌল-দেৱালয়ৰ বাবে বিখ্যাত । মোৰ সীমিত জ্ঞানেৰে সকলোবোৰ কোৱা সম্ভৱ নহ'লেও তাৰ ভিতৰত ৰংঘৰ , কাৰেংঘৰ , তলাতলঘৰ , শিৱসাগৰ পুখুৰী আৰু শিৱদ'ল , জয়সাগৰ পুখুৰী আৰু জয়দৌল , দেৱীদ'ল , বিষ্ণুদ'ল , নামদাংৰ শিলৰ সাঁকো অন্যতম ।
      ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল । ১৫৪০ চনত স্বৰ্গদেও চুকলেংমুঙৰ দিনত এই গড়ঁগাৱত কাৰেংঘৰ নিৰ্মাণ কৰিছিল । স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল । অসমৰ সকলোবোৰ দ'লৰ ভিতৰত উচ্চ শিৱদ'ল ৰজা শিৱসিংহৰ দিনত ১৬৫৫ শকত নিৰ্মাণ কৰা হৈছিল । দৌলটোৰ উচ্চতা ১২০ হাত আৰু দৌলটোৰ চুৰান্ত চূৰাট এটা সোণৰ কলচি আছে । শিৱদৌলৰ কাষতে একেজন ৰজাৰ ৰাজত্ব কালত শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত শিৱসাগৰ পুখুৰী  । এই পুখুৰীটোৰ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লোচা । শিৱসাগৰ চহৰৰ পৰা অলপ দূৰত অৱস্থিত জয়সাগৰত , জয়দৌল আৰু জয়সাগৰ পুখুৰী । স্বৰ্গদেও ৰূদ্ৰসিংহই মাক জয়মতী কুঁৱৰীৰ স্মৃতি যুগমীয়া কৰিবলৈ জয়দৌল আৰু তাৰ কাষতে পুখুৰী খন্দাইছিল । পুখুৰীটোৰ মাটিকালি ১৫৫ একৰ । তাৰ ওপৰিও ৰূদ্ৰসাগৰৰ শিৱদৌল আৰু ৰূদ্ৰদৌলো উল্লেখযোগ্য ।
     উল্লেখযোগ্য যে  -  আপোনালোকে হয়তো জানে.....ইটা , বালি ,চিমেণ্টৰ পৰিৰ্ৱতে হাহঁ কণী , বৰা চাউল , মাটি মাহ আৰু বৰালি মাছেৰে নিমাৰ্ণ কৰা হৈছিল শিৱসাগৰৰ আহোম ৰজাৰ কৃৰ্তীচিহ্ণ সমুহ । 
      জিলাখনৰ সিঁচৰিত দৌল দেৱালয় বা অন্যান্য বিষয়সমুহৰ বিষয়ে লিখি বা কৈ শেষ কৰিব নোৱাৰি গতিকে এটা চমু আভাষ আগবঢ়ালো ।

পূৰ্ণিমা বৰুৱা
শিৱসাগৰ (জাঁজী )

পৃষ্ঠাঃ ৩৫
ৰসাল গল্প

ভ্ৰমণ ভ্ৰান্তি

   আজি দেওবাৰ, বন্ধৰ দিন। ইচ্ছা কৰিলে ঘৰতে আৰামত শুই বহি কটাব পাৰোঁ। পিছে মোৰ মানুহজনীয়ে মই আৰামত থকাটো সমূলি সহ্য কৰিব নোৱাৰে। কিবা নহয় কিবা এটা কাম উলিয়াই দিয়ে আৰু গোটেই দিনটো নষ্ট কৰে। সেয়ে পুৰণি বন্ধু এজনক লগ কৰাৰ কথা ভাবিলোঁ। সি বিয়া বাৰু নকৰিলেই, মানে বৰলা হৈ থাকিল; অৱশ্যে এতিয়া বিয়াৰ বয়সো নাই, দুবছৰ মানৰ পিছত অৱসৰ ল'বৰ সময়ে আহিব। যা হওক, বন্ধৰ দিনটো তাৰ লগতে পুৰণি কথাৰ মহলা মাৰি পাৰ কৰোঁ বুলি ওলালোঁ। পিছে শ্ৰীমতীক কিবা বিশেষ কামত যাবলৈ ওলাইছোঁ বুলিহে জনালোঁ। দুদিনমানৰ আগৰে পৰা চকু দুটা অলপ ৰঙা হৈ পৰিছিল। চকু উখহা ৰোগ হৈছে বুলি ঘৰৰ মানুহে সন্দেহ কৰিছে। মই বিশেষ অসুবিধা পোৱা নাই যদিও, আনৰ কোনো অনিষ্ট নহওক বুলিয়েই, ক'লা চছমা এযোৰ পিন্ধি ললোঁ। মানুহজনীৰ চছমা, তেওঁৰ ওজন মোতকৈ অলপ বেছি হোৱাৰ বাবেই হয়তো, চছমাযোৰ মোৰ মুখত অলপ ডাঙৰ হোৱা যেন লাগিল!

   ঘৰৰপৰা ওলাই আহিব পাৰি, নিজকে পাখি গজা পখিলা যেন লাগিল। বাছ ৰখোঁৱা ঠাইত বহু সময় বাছৰ বাবে ৰখিব লগীয়া হ'ল। বাছবোৰেও আজি দেওবাৰৰ ছুটি লোৱা যেন লাগিল। বহু দেৰি ৰখাৰ পিছত এখন বাছ আহিল যদিও, বহিবলৈ খালি ঠাই নাছিল। তথাপি আধা ঘণ্টাৰ বাট, থিয় হৈয়ে যাব পাৰিম বুলি বাছত উঠিলোঁ। কিছুদূৰ যোৱাৰ পিছত, ওখোৰা-মোখোৰা পথৰ বাবে হোৱা বাছৰ জোকাৰণিত স্থিৰকৈ থাকিব নোৱাৰি, চালকৰ কাষত থকা ইঞ্জিনটোৰ ওপৰতে বহি দিলোঁ। অলপ আচহুৱা লাগিল, সন্মুখত বাছৰ আন আন যাত্ৰী সকলৰ লগত মুখামুখিকৈ বহি। নিজকে একপ্ৰকাৰ শ্ৰেণীকোঠাৰ শিক্ষকটো যেন লাগিল।

   অলপ সময় এনেদৰে বহি গৈ থাকোঁতে, মন কৰিলোঁ যে সোঁফালৰ ছোৱালী এজনীয়ে মোলৈ চাই মিচিকিয়াই হাঁহি আছে। মোৰ বয়স অলপ হৈছে যদিও, দেখাত কম বয়সীয়া যেনেই লাগে বুলি সকলোৱে মোক কয়। তাতে কম চুলি থকা মূৰটো লুকুৱাবলৈ অনবৰতে পিন্ধি থকা টুপীটোৰ  বাবে কোনোৱে ধৰিবই নোৱাৰে বয়স অথবা পকা চুলিৰ হিচাপ। তথাপি কেৰাহি কৈ চালোঁ, হয় মোকেই চাই মিচিকিয়াই আছে। ছোৱালীজনী বৰ মৰমলগা, গুলপীয়া শাৰীখনেৰে একেবাৰে গোলাপৰ কলিটো যেন লাগিছে। কাষৰ খিৰিকীৰে অহা বতাহজাকে তাইৰ দীঘল চুলিকোছা উৰুৱাই মাজে মাজে চকুৰ আগলৈ আনি আমনি কৰিছে; হাতেৰে চুলিকোছা ঠিক কৰোঁতে কৰা ভংগিমাই তাইক যেন আৰু ৰূপৱতী কৰি তুলিলে। নিজৰ দাঢ়িখিনিত হাত বুলাই, চোলাৰ বুটামকেইটা ঠিকে মাৰিলোঁ নে চুই চালোঁ এবাৰ। ঘৰৰ মানুহজনীক বহুত ভাল পাওঁ যদিও, এনে ক্ষন্তেকীয়া মুহূৰ্তৰ সুখৰ অনুভূতি অলপ বেলেগ ধৰণৰ, প্ৰকাশ কৰা টান! শাৰীৰিক বয়স বাঢ়ি গ'লেও, মনটোৰ বয়স যে বাঢ়িবই নিবিচাৰে।

   মিচিকিয়াই হাঁহি থকা ছোৱালীজনীয়ে মাজে মাজে চকুৰে কিবা ইঙ্গিত দিয়া যেন লাগিল। অলপ অস্বস্তি অনুভৱ কৰিলোঁ। লাহে লাহে ইঙ্গিতৰ প্ৰকোপ বাঢ়ি যাবলৈ ধৰিলে। কি কৰোঁ, কি নকৰোঁ বুলি ইফালে সিফালে চালোঁ। অ, এয়া কি বাওঁফালৰ ল'ৰা এজনেও মোলৈ চাই ইঙ্গিত দি আছে। হে ভগৱান কথাটো কি? এবাৰ সোঁফালে, এবাৰ বাওঁফালে, দুয়োফালে মিলাই চালোঁ। অ ইঙ্গিতবোৰ দেখোন মিলি আছে। হঠাৎ মনত পৰি গ'ল, নিজে পৰিধান কৰি থকা ডাঙৰ ক'লা চছমাযোৰৰ কথা। তেতিয়া আৰু বুজিবলৈ বাকী নাথাকিল যে, ল'ৰা-ছোৱালীহালে মোৰ চকুৰ চছমাযোৰক দাপোন হিচাপে ব্যৱহাৰ কৰিছে। চেহ্ এনেয়ে ইমান কল্পনাৰ মাজত উটি-ভাহি ফুৰিলোঁ।

   বেজাৰ মনেৰে খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালোঁ। অ, এয়া কি, মই দেখোন নামিব লগীয়া ঠাই কেতিয়াবাই পাৰ হৈ আহিলোঁ। লাগে লাগে চালকজনক বাছ ৰখাবলৈ চিঞৰি উঠিলোঁ। বাছৰ পৰা নামি ৰাস্তাটোৰ আনটো মূৰে থিয় হলোঁ, বাছৰ বাবে ৰখি। সোনকালে বাছ এখন পামনে, আধা বেলা গ'লেই চোন! আজি দেওবাৰ,  সকলোৰে আৰাম কৰিবলৈ মন যায়। অলপ কাম কৰাৰ এলাহতে এনেদৰে ৰ'দত ঘূৰি ফুৰিবলৈ কিহে পাইছিল মোক; নিজৰ ওপৰতে খং এটা উঠি আহিল। দেওলগা চছমাযোৰ খুলি চোলাৰ জেপত ভৰাই থলো....।।

শ্যামলিমা কাকতি


পৃষ্ঠাঃ ৩৬
মোৰ ভ্রমণ ডায়েৰী - ৭

বাৰ'লি মন্দিৰ
চাৰভূজা

শর্মীষ্ঠা বর্মন

     অন্নপ্রাশনৰ ব্যস্ততা আৰু 'পাৰাঝাৰ'ৰ জীপৰ ভ্রমণৰ পাছত ভাগৰ অনুভৱ কৰিছিলো ৷ লগতে পুৱতিনিশাৰ ফালে কিনকিনীয়া বৰষুণো হৈ আছিল ৷ সেই বাবেই হ'বলা বৰষুণৰ আমেজ আৰু দেহাৰ ভাগৰৰ সন্মিলিত প্রভাৱত পুৱা শোৱাপাটীৰ পৰা উঠোতে অলপ পলম হ'ল ৷ সেইবাবে ভাইটিয়ে আমাক পিছবেলা ফুৰাবলৈ লৈ যাব বুলি ক'লে ৷
        
      দুপৰীয়াৰ সাজ খাই উঠি অকণমান জিৰাই আমি ওলালোঁ বাৰ'লি মন্দিৰ চাবলৈ ৷ ভাইটিহঁতৰ ঘৰৰ পৰা বৰ বেছি দূৰ নাছিল ৷ গতিকে অতি কম সময়ৰ ভিতৰতে বাৰ'লি মন্দিৰ গৈ পালোঁ ৷ প্রৱেশ দ্বাৰত 'ভাৰতীয় পুৰাতত্ব বিভাগৰ অধীনত' থকা বুলি লিখা এখন বোর্ড দেখা পালোঁ ৷ প্রৱেশ দুৱাৰৰ পৰাই দেখা পালোঁ এক ভব্য অথচ নির্জন মন্দিৰ ৷ বৰ কৌতুহল উপজিল ৷ ইমান ধুনীয়া আৰু মনোমোহা কাৰুকার্য্যৰে নির্মিত অথচ সম্পূর্ণ পৰিত্যক্ত ! পুৱাৰ বৰষুণে মন্দিৰটোক আৰু স্নিগ্ধ কৰি তুলিছিল ৷ তাত আমাৰ বাহিৰে আন কোনো দর্শনার্থী নেদেখিলো; নেদেখিলো পূজাৰ কোনো নৈব্যেদ্য সামগ্রী ! কৌতুহল গুণক গুণে বাঢ়িবলৈ ধৰিলে ৷ ভাইটীয়ে তেতিয়ালৈকে আমাক মন্দিৰৰ বুৰঞ্জীৰ বিষয়ে বিতংকৈ একোকে কোৱা নাছিল ৷ মন্দিৰৰ ভিতৰলৈ সোমাই দেখিলো পূজাৰীও নাই ৷ মন্দিৰৰ ভিতৰৰ বেৰৰ লগতে মূল বেদীত থকা মূর্ত্তিবোৰৰ কাৰুকার্য্য দেখি তবধ মানিলো ৷ শিল্পীসকলৰ কাৰুকার্য্যৰ অপূর্ব নিদর্শন দেখিবলৈ পালোঁ ৷ লাহে লাহে চকুত পৰিল এই কাৰুকার্য্যৰে নির্মিত মূর্ত্তিবোৰ খণ্ডিত ! কটা মুখ, কটা নাক ,কটা হাত ,কটা ভৰি ৷ দেখি বৰ দুখ লাগিল ! লাহে লাহে জানিবলৈ পালো যে এই মন্দিৰটো দশম শতিকাতে নির্মাণ কৰােৱা হৈছিল ৷ প্রাপ্ত তথ্যমতে মোগল শাসনকালত বহুতো শাসকে ইয়াক ধ্বংস কৰিবলৈ আৰম্ভ কৰিছিল বুলি কোৱা হ'য় যদিও শেহতীয়াকৈ ঔৰংজেৱে ১৬৭০ চনত ইয়াক ধ্বংস কৰিছিল বুলি জনা যায় ৷

 এই মন্দিৰত মুঠ ন'টা মূর্ত্তি আছিল ৷ তাৰে এটা নটৰাজৰ মূর্ত্তি আছিল যিটো চুৰি হৈ যোৱা বুলি কোৱা হ'য় ৷ অৱশ্যে অলপতে ৰাজস্থানৰ স্থানীয় বাতৰি কাকত যোগে জানিব পৰা যায় যে সেই নটৰাজৰ মূর্ত্তিটো হেনো বর্তমান লণ্ডনত আছে ৷ 
  
    উল্লেখনীয় যে ইয়াত তিনিটা মূল মন্দিৰ আছে ৷ শিৱমন্দিৰটোৰ নাম ঘটেশ্বৰ মন্দিৰ ৷ প্রত্যেকটো মন্দিৰেই শিল কাটি নির্মাণ কৰোৱা হৈছিল ৷ ইয়াত ব্যৱহৃত স্থাপত্য কলাৰ নিদর্শন অতুলনীয় ৷ 

    মন্দিৰ প্রাঙ্গনৰ মুকলি ঠাইবোৰত খোজ কাঢ়ি অনুভৱ হ'ল যে অতি সু-ব্যৱস্থিত আৰু সু-পৰিকল্পিত ভাৱে নির্মাণ কৰোৱা হৈছিল ৷ তাত বিচৰণ কৰি এনে লাগিল যেন আমি দশম শতিকাতহে  বিচৰণ কৰি আছোঁ !
 
       ইয়াৰ পৰা ভাইটীয়ে আমাক লৈ গ'ল ৰাৱটভাটাৰ আন এটি প্রাচীন মন্দিৰলৈ ৷ প্রকাণ্ড অট্টালিকাৰ দৰে সজোৱা এই মন্দিৰৰ নাম হৈছে 'চাৰভূজা মন্দিৰ' ৷ ইয়াৰ মুখ্য দেৱতা হৈছে চতুর্ভূজৰূপী অর্থাৎ চাৰিখন হাত থকা শ্রীকৃষ্ণ ৷ মূর্ত্তিটোৰ ৰং সম্পূর্ণ ক'লা ৷ এই মন্দিৰ প্রায় চাৰি শ' বছৰ পুৰণি যদিও ইয়াক অক্ষত অৱস্থাত দেখিবলৈ পাই মনত সকাহ পালোঁ ৷ 
    বাৰ'লি মন্দিৰৰ অৱস্থা দেখি আমাৰ মনত আচ্ছন্ন হোৱা শোক 'চাৰভূজা'ত আহি নির্মূল হ'ল ৷

আগলৈ…


পৃষ্ঠাঃ ৩৭
নীলা খামৰ চিঠি

নীলিময়
            তোমাক ভালপাওঁ বুলি ক’বই লাগিব বুলিতো কোনো কথা নাই ; সেউজীয়া কথাৰো থাকে একান্ত গোপনীয়তা ৷ জানা ! তোমাক হেৰুওৱাৰ কথা ভাবিব নোৱৰাটোতে লুকাই আছে প্ৰেমত পৰা-নপৰাৰ আটাইবোৰ জটিল সূত্ৰৰ সহজ সমাধান ৷

নিমিলা বাহুৰে বহুভূজ সজাতকৈ একেটা কেন্দ্ৰতে ঘূৰি ঘূৰি বৃত্ত আঁকিবলৈ সহজ ৷ মই নদী নহৈ সাগৰ হ’লো ৷ লুণীয়াখিনি আপোন কৰি নীলা হ’লো ৷ নিঃসীম নীলা এতিয়া মোৰ প্ৰিয় ৰং ৷ হেই ! কি ভাবিছা ? মই বৰ জটিল নহয় ! তোমাৰ আঙুলিৰ ফাঁকেৰে ধৰা দিয়া চকুহাল মনত আছেনে তোমাৰ ? কিমান ৰং আছিল তাত ! মনত আছেনে তোমাৰ তোমাক যে কৈছিলো চকুত লৈ ফুৰা এক তৃষ্ণাতুৰ হেঁপাহৰ কথা ! পাহৰিছা ! পাহৰি যাব পাৰিলে ভাল কথাবোৰ ৷ ডিলিট কৰি দিয়া মেচেজবোৰ বুকুত চেভ নোহোৱা হ’লে কোনো কথা নাছিল ৷  ৰঙা পৰা দুগালত আৰু ৰং সানি নোজোকাবা কিন্তু ! কৈ দিছো ৷ 

কাকো একো নোকোৱাকৈও , কামচৰাইৰ ৰঙা ঠোঁটত সেন্দূৰৰ ফোঁট সনা আইতাৰ সাঁচতিৰ খুন্দা তামোলৰ সোৱাদটোৰ দৰে এৰাব নোৱাৰি : তুমি তুমি ৰমন্যাসিকতা ৷ গান আৰু কবিতাবোৰ সেয়েহে তোমাৰ ৷ তোমাৰ চকুপানীবোৰ মোৰ ৷ আৰু হাঁহিটো ! থাকক দিয়া ৷ সকলো কৈ দিলে তোমাৰ বাবে ভাবিবলৈনো থাকিবই বা কি ! হেই , নাভাবিবা বৰকৈ ৷ এই যে তোমাৰ চকুত এপলক থ’লেই জীৱন বীজগণিতৰ গোটেইবোৰ অংক  ওলট-পালট হৈ যাব খোজে সেয়াই ছাগে ভালপোৱা ৷ 

ভালপোৱা বতাহৰ দৰে ৷ নোকোৱাকৈয়ে চুই যায়  নজনোৱাকৈ গুচি যায় ৷ অনুভৱৰ অলিয়ে-গলিয়ে ৰৈ যায় কিছু মিঠা মিঠা ৷ এই মিঠাখিনি সযতনে ৰাখিছো ৷ কুঁৱলীসনা পুৱা গালে-মুখে ফেৰফেৰীয়া বতাহজাকৰ মৃদু স্পৰ্শ লৈ উপন্যাসোপম জীৱন এটাৰ কথা কৈ যাবৰ মন যায় যাক, তেঁৱেই তুমি ৷ তুমি মোৰ আত্মাৰ উশাহ ৷ আৰু একো নকওঁ ৷ ভালে থাকা ৷ তুমি অকনমান কষ্ট পালেওচোন আজিকালি মোৰ বুকুখন বৰকৈ বিষায় ৷ কি যে হৈছে ! কওঁনে কথা এটা ! শুনানা ! থাকক ৷ নকওঁ ৷ 

ইতি
তোমাৰ 
“ঋদ্ধি”

ঋদ্ধি কাশ্যপ
আমগুৰি , 
শিৱসাগৰ


পৃষ্ঠাঃ ৩৮

শিশু লেখাঃ


সপোন আৰু শিশু

ৰাজশ্ৰী বৰা
গোলাঘাট 

  সপোন, যাৰ কোলাত সকলো সম্ভৱ। সপোনত আমি মনে বিচৰা সকলোবোৰ কামে কৰিব পাৰোঁ তথা কৰোঁ। সপোনতে আমেৰিকা ফুৰি আহো, সপোনতে বিজ্ঞানী, ডক্তৰ, প্ৰফেছাৰ বা আন ব্যক্তিত্বৰ অধিকাৰী হওঁ, সপোনতে অভাৱ নোহোৱাকৈ সম্পত্তিশালী মানুহ হওঁ। কেতিয়াবা আকৌ  আমাৰ বহুতে সপোন আপোনজনক লৈ দেখোো,এই সপোন টোপনিৰ চঞ্চল অৱস্থাত দেখা সপোন নহয়। হয়,এই সপোন  কেৱল নিশাৰ বুকুত নাহে , এই সপোনে দিনে ৰাতিয়ে খেদে। কেতিয়াবা এই সপোনৰ বাবেই আগতে নোহোৱা কাহিনীয়ো সময়ৰ বুকুত লিপিবদ্ধ হৈ যায়।
  সপোন মানুহে দেখিব লাগে।আমি প্ৰতিজনেই বুকুৰ মাজত এটা নহয়‌এটা  সপোন লৈ ফুৰো।এই সপোনেই আমাক গতিশীল কৰি ৰাখে,সপোনটোৰ বাস্তৱ ৰূপ দিবলৈ আমি প্ৰতিজনে উঠি পৰি লাগো আৰু এদিন যেতিয়া  সপোনক দিঠকত পাওঁ নিজকে সফল যেন অনুভৱ হয়। মহান ব্যক্তি ড.এ পি জি আব্দুল কালামে কৈছিল যে সপোন সেইটোহে যিটোৱে মানুহক অনবৰতে সক্ৰিয় কৰি ৰাখে।প্ৰতিসময়তে মানুহজনক গতিময় কৰিব পৰা ভাবনাহে সপোন।সপোন কেৱল পাতলীয়া টোপনিত দেখা পোৱাটো নহয়। সপোন হবলৈ হলে সেই আশাটোৱে মানুহজনক অনবৰতে ক্ৰিয়া কৰিব পাৰিব লাগিব। যি কি নহওঁক সপোন আমাৰ জীৱনৰ লগত জড়িত।এতিয়া আহো মূল বিষয়লৈ সপোন আৰু শিশু।
   শিশু ভৱিষ্যত ক লৈ দেখা সপোনৰ আধাৰ।আমি আমাৰ শিশুসকলক লৈয়ে সপোন দেখো । পিতৃ মাতৃয়ে সন্তানক লৈ,শিক্ষকে ছাত্ৰ-ছাত্ৰী ক লৈ,সমাজ তথা দেশে উত্তৰপ্ৰজন্মক লৈ সপোন দেখে।ইয়াত একো ভুল নাই।আমি সকলোৱে আশা কৰো যে আমাৰ সপোনৰ বাস্তৱ ৰূপটো শিশুসকলৰ মাজতে প্ৰকাশ্য হৈ উঠে যেন। আমি বিচাৰো যে আমাৰ আধৰুৱা খিনি আমাৰ সন্তান,ভাই ভনীয়ে পূৰ কৰক। অৰ্থাৎ আমাৰ সপোন সিহঁতে বাস্তৱায়িত কৰক। নহয়নে? কিন্তু এয়া কিমান শুদ্ধ?
   আপুনি মই শিশুটোক আমাৰ  সপোন পূৰণৰ হেতু ব্যৱহাৰ কৰাটো সঁচাকৈ এক উচিত তথা গ্ৰহণযোগ্য  কথা হয় নে? এইখিনিৰ উত্তৰ দিয়াৰ আগতেই নিজৰ ক্ষেত্ৰত এবাৰ কথাবোৰ জুকিয়াই চাওঁ আহক। আপুনি মই  শৈশৱত কেতিয়া সুখ পাইছিলো?কি কৰি সুখ পাইছিলো?মা দেউতাই অনবৰতে পঢ়ি থকাৰ কথাটো কৈ থাকিলে ভাল পাইছিলো নে? নিজে নিজে পঢ়া টেবুলত বহা আৰু মন‌ নগলেও বহি থকাৰ কোনটোত নিজৰ উপকাৰ বেছি হৈছিল? নিশ্চয় নিজে যিখিনি কৰিছিলো তাতেই সুখী আৰু উপকৃত হৈছিলো । কাৰণ তাত‌নিজে জড়িত হৈছিলো তাত নিজৰ কথাটো,মনৰ অৱস্থাটো জড়িত আছিল। একেদৰে সপোন দেখা,তাক পূৰণ কৰা কথাটোৰ লগত সকলোৰে মন‌ৰ অৱস্থা জড়িত হৈ থাকে। আপুনি মই যিদৰে কাৰোবাৰ হেঁচাত কাম কৰি মানসিক তৃপ্তি পাব নোৱাৰো একেদৰে আমাৰ সপোন পূৰণ কৰি আমাৰ শিশু ,সন্তান সুখী নহ'বও পাৰে। এটা কথা ঠিক যে আমি শিশুটোক ভাল বেয়া কৰ্ম,শুদ্ধ অশুদ্ধৰ ধাৰণা গঠনত সহায় কৰিব লাগিব।যাতে সি  আনৰ জীৱন তথা সমাজৰ অপকাৰ হোৱা কিবা এটাক নিজৰ সপোনত ঠাই নিদিয়ে। এয়া আমাৰ কৰ্তব্য। কিন্তু নিজৰ আধৰুৱা খিনি সন্তান তথা শিশুটোক জোৰকৈ বৈ নিব দিয়াটো উচিত নহয়। আমি বিচাৰিলো বাবেই আমাৰ শিশুটো ডাঙৰ হৈ ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ,প্ৰফেছাৰ, সাহিত্যিক,শিল্পী অথবা আন‌ বৃত্তিৰ গৰাকী হ'ব, কথাবোৰ এনে নহয়। কথাবোৰ শিশুৰ মনৰ লগত জড়িত। শিশুৱে সৰুৰ পৰা বিশেষ কিছুমান গুণ,স্বভাৱ পৰিৱেশ ,সমাজৰ পৰা আহৰণ কৰে  আৰু কিছুমান বংশগতভাবে লাভ কৰে।এয়া আমি সকলোৱে জানো। একেদৰে শিশুটোৰ মনে বিশেষ কিছুমান কাম সৰুৰে পৰা কৰিব বিচাৰে আৰু কৰি সুখ পায়। আমি ভালকৈ পৰ্যবেক্ষণ কৰিলে এই কথা উপলব্ধি কৰিব পাৰিম। সেয়েহে প্ৰথমৰ পৰা শিশুটোক বুজিবলৈ চেষ্টা কৰিব লাগে। সি কৰি ভাল পোৱা কামটো কি সেয়া জানিব পাৰিলেহে ভৱিষ্যতে তাক তাৰ সপোন পূৰণত অভিভাবক হিচাপে আপুনি মই সহায় কৰিব পাৰিম।
   সমাজৰ বাবে,নিজৰ বংশ পৰিয়ালৰ আগত নিজৰ মান ৰাখিবৰ বাবেই আপুনি আপোনাৰ শিশুটোৰ মনটোক আঘাত দি নিজৰ সুখ লোৱাটো প্ৰকৃততে শুদ্ধ নে? এটা জীৱন কেৱল মান ৰখাৰ মাধ্যম নে? মই ভাবো জীৱন প্ৰতিজন মানুহৰ নিজা অধিকাৰ। এই জীৱন ব্যক্তিৰ বাবে এটা সুযোগ,নিজকে প্ৰতিপন্ন কৰা। সপোনে এই জীৱনক কিবা এটা কৰিবলৈ উদ্যম যোগায়,মনক প্ৰেৰণা দিয়ে।গতিকে শিশুটোক সপোন দেখাত,সেই সপোন দিঠক কৰাত আপুনি পথ প্ৰদৰ্শক হৈ সহায় কৰক। কিন্তু মনত ৰাখিব শিশুটোৰ সপোনক আপুনি নিয়ন্ত্ৰণ নকৰিব,কাৰণ বন্দীত্ব আৰু  নিষ্পেষিত জীৱন কাৰো বাবে আকাংক্ষিত নহয়।
   জীৱনৰ  সপোন দেখাৰ স্বাধীনতা শিশুক দিয়ক। নিজৰ আধৰুৱা সপোন পূৰণৰ বোজা আৰু দায়িত্ব নহয়।



পৃষ্ঠাঃ ৩৯

অনুবাদ চুটি গল্প


বিছ বছৰ পিছত

মূল :- After Twenty Years 
লিখক - O' Henry 

শক্তিশালী আৰু দায়িত্বশীল পুলিচ বিষয়াজনে পোনে পোনে ৰাস্তাটোৰে আহি আছিল । এই পথটোৰে তেওঁ সদায় গৈছিল । নিচেই কম সংখ্যক মানুহহে তেওঁ পথত দেখা পাইছিল । এতিয়া মাত্র নিশাৰ দহ বাজিছিল । কিন্তু যথেষ্ট ঠাণ্ডা আছিল আৰু এজাক ফেৰফেৰীয়া বতাহৰ লগতে সামান্য পৰিমাণৰ বৰষুণো দি আছিল ।

তেওঁ পথছোৱা পাৰ হৈ যাওঁতে  দুৱাৰবোৰৰ ওচৰত ৰৈ দুৱাৰবোৰ নিশাটোৰ বাবে বন্ধ হৈছে নে নাই নিশ্চিত হোৱাৰ চেষ্টা কৰি গৈছিল । তেওঁ আছিল এজন সুদৰ্শন , শান্তিৰক্ষক পুলিচ বিষয়া । 

চহৰখনৰ এইটো প্ৰান্তৰ মানুহে সোনকালে ঘৰলৈ উভতিছিল । ক্ষুদ্ৰ দোকান বা ৰেষ্টুৰেণ্টবোৰত দুই এটা লাইট জ্বলি থকা দেখা গৈছিল যদিও ব্যবসায় সংক্ৰান্তীয় ঠাইখনৰ বেছিভাগৰ দুৱাৰ বহুত আগতেই বন্ধ হৈ গৈছিল । 

পুলিচ বিষয়াজনে  হঠাতে খোজৰ গতি কমাই দিছিল । এখন আন্ধাৰ দোকানৰ দুৱাৰৰ ওচৰত এজন মানুহ থিয় হৈ আছিল আৰু যেতিয়া পুলিচ বিষয়াজন তেওঁৰ ওচৰলৈ গৈছিল , মানুহজনে লৰা-লৰিকৈ ক'বলৈ আৰম্ভ কৰিছিল , "সকলো ঠিকে আছে নে অফিছাৰ।" তেওঁ কৈছিল , "মই এজন বন্ধুৰ অপেক্ষাত আছোঁ । বিছ বছৰ আগতে আমি এই ঠাইত নিশা মিলিত হ'ম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ । এইটো শুনাত আপোনাৰ বাবে আশ্চৰ্যজনক নহয় জানো ? আপুনি যদি সকলো ঠিকে থকা বুলি নিশ্চয়তা দিব পাৰে , তেতিয়া হ'লে  মই এইবিষয়ে আপোনাক বাখ্যা কৰিব পাৰোঁ । প্ৰায় বিছ বছৰ আগতে এতিয়া য'ত এই দোকানখন আছে তাত এখন ৰেষ্টুৰেণ্ট আছিল । বিগ জ' ব্ৰেডীৰ ৰেষ্টুৰেণ্ট।" 
      "এইখন যোৱা পাঁচ বছৰ আগলৈকে ইযাত আছিল" , পুলিচ বিষয়াজনে কৈছিল । 

দুৱাৰখনৰ ওচৰত ৰৈ থকা মানুহজনৰ বৰণহীন  চেপেটা মুখখনত উজ্জ্বল চকুযুৰিৰ সৈতে সোঁ - চকুত এটা সৰু বগা চিহ্ন আছিল । তেওঁৰ নেকটাই ডালত আছিল এটুকুৰা ডাঙৰ অলঙ্কাৰ ।

"বিছ বছৰ আগৰ ৰাতি ,  মানুহজনে কৈছিল , "
মই ইয়াত জিমি ৱেলছৰ লগত নৈশ আহাৰ গ্ৰহণ কৰিছিলোঁ । এই পৃথিৱীৰ ভিতৰতে জিমি মোৰ শ্ৰেষ্ঠ বন্ধু আছিল । তেতিয়া আৰু মই দুই ভাতৃৰ নিচিনাকৈ নিউয়ৰ্কত একেলগে ডাঙৰ হৈছিলোঁ । মই তেতিয়া ১৮ বছৰীয়া আছিলোঁ আৰু জিমি বিছ । পিছদিনা ৰাতিপুৱা মই এটি কৰ্মসংস্থান বিচাৰি আৰু জীৱনটো সাফল্যমণ্ডিত কৰিবলৈ পশ্চিমলৈ যাত্রা কৰিছিলোঁ । আপুনি জিমিক কেতিয়াওঁ নিউয়ৰ্কৰ বাহিৰলৈ টানি নিব নোৱাৰে । নিউয়ৰ্কক তেওঁ পৃথিৱীৰ একমাত্ৰ ঠাই বুলি ভাবে । 
         "এইটো শুনাত আমোদজনক" , পুলিচ বিষয়াজনে কৈছিল , "মোৰ বোধেৰে লগ পোৱা সময়ৰ ব্যৱধান যথেষ্ট দীঘলীয়া হৈছে । আপুনি পশ্চিমলৈ যোৱাৰ পিছৰ পৰা বন্ধুৰ কিবা খবৰ পাইছেনে "? 
         "হয় , এটা সময়লৈকে আমি ইজনে সিজনলৈ লিখিছিলোঁ ।" মানুহজনে কৈছিল, "কিন্তু এবছৰ-দুবছৰ পিছত আমি বন্ধ কৰিছিলোঁ । পশ্চিম বৰ বিশাল । মই চাৰিওফালে ভ্ৰমি ফুৰিছিলোঁ আৰু সঘনাই ঠিকনা সলনি কৰিছিলোঁ । কিন্তু মই জানো জিমিয়ে মোক ইয়াতে লগ কৰিব । তেওঁ এজন সত্যবাদী মানুহ । তেওঁ কেতিয়াও পাহৰি নাযায় । মই সহস্ৰ মাইল দূৰৰ পৰ‍া এই নিশা ইয়াত ৰৈ আছোঁ । কিন্তু মই ইয়াৰ বাবে সুখী হ'ম যদি মোৰ পুৰণি বন্ধুও আহে ।" 

ৰৈ থকা মানুহজনে এটুকুৰা সৰু অলঙ্কাৰেৰে আবৃত সুন্দৰ ঘড়ী উলিয়ালে । 
        "দহ বাজিবলৈ তিনি মিনিট বাকী" , তেওঁ কৈছিল ,"সেইদিনা নিশা দহবজাত আমি এই ৰেষ্টুৰেণ্টৰ দুৱাৰত শেষ বিদায় লৈছিলো"। 
      "আপুনি পশ্চিমত এজন সফল ব্যক্তি , নহয় জানো ?"  , পুলিচ বিষয়াজনে সুধিছিল । 
          "নিশ্চিতভাবে । মই ভাবো জিমিয়ে নিশ্চয় আধাহে কৰিব পাৰিছে । তেওঁ খুব লেহেমীয়া । মই সফলতাৰ বাবে সংগ্ৰাম কৰিছিলোঁ । নিউয়ৰ্কে এজন মানুহক বৰ বিশেষ সলনি কৰিব নোৱাৰে । পশ্চিমত কিবা পাবলৈ কেনেকে যুঁজিব লাগে আপুনি শিকিব ।" 
 
পুলিচ বিষয়াজনে এখুজি-দুখুজিকৈ সাজু হৈছিল । 
        "মই এতিয়া মোৰ পথে যাওঁ , তেওঁ কৈছিল , আশা কৰোঁ আপোনাৰ বন্ধু সময়মতে আহিব । যদি তেওঁ দহ বজাত ইয়ালৈ আহি নাপায় , আপুনি গুচি যাব নে ?" 
          "নাই, মই  নাযাওঁ , আনজনে কৈছিল , মই অতি কমেও আধা ঘন্টা অপেক্ষা কৰিম । যদি জিমি এই পৃথিৱীত জীয়াই আছে , তেওঁ সময়মতে আহি পাব । শুভৰাত্ৰি অফিছাৰ।" 
       "শুভৰাত্ৰি" , পুলিচ বিষয়াজনে কৈছিল আৰু যেনেদৰে আহিছিল তেনেকৈয়ে গুচি গৈছিল । 

শীতল বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল । যি সামান্য পৰিমাণৰ মানুহ ৰাস্তাত আছিল সকলোৱে লৰা-লৰি কৰিছিল । আৰু দোকানখনৰ দুৱাৰমুখত হাজাৰ মাইল দূৰৰ পৰা আহি বন্ধুক সাক্ষাৎ কৰিবলৈ মানুহজন থিয় হৈ আছিল । এই সাক্ষাৎৰ কোনো নিশ্চয়তা নাছিল। কিন্তু তেওঁ ৰৈ আছিল । 

প্ৰায় বিছ মিনিট অপেক্ষা কৰাৰ পিছত দীঘল কোট পিন্ধা দীৰ্ঘদেহী ব্যক্তি এজন লৰা-লৰিকৈ ৰাস্তাটো পাৰ হৈছিল । তেওঁ পোনে পোনে অপেক্ষাৰত মানুহজনৰ ওচৰলৈ আহিছিল । 
         "এইজন আপুনি বব হয় নে ?" , তেওঁ সন্দেহেৰে সুধিছিল । 
         "এইজন আপুনি জিমি ৱেলছ" , দুৱাৰৰ ওচৰত থকা মানুহজনে চিঞৰি উঠিছিল । 

নতুন মানুহজনে আনজন মানুহৰ হাতখন নিজৰ হাতত লৈছিল , "বব , যদি তুমি এই পৃথিৱীত এতিয়াও জীয়াই থাকা , তোমাক এইখিনিতে লগ পাম বুলি মই নিশ্চিত আছিলোঁ । বিছ বছৰ বৰ দীঘলীয়া সময় । পুৰণি ৰেষ্টুৰেণ্টখন হেৰাই গ'ল । বব মই এইখন ইয়াত থকা বুলি ভাবিছিলোঁ । যাতে আমি অন্য এটা নৈশ আহাৰ ইয়াত কৰিব পাৰোঁ । পশ্চিম তোমাৰ কাৰণে ভাল হৈছে নে ?" 
        :"মই যি বিচাৰো সকলোবোৰ দিছে । তুমি সলনি হৈছা জিমি । মই তোমাক কেতিয়াও ইমান ওখ বুলি ভৱা নাছিলোঁ।" 
       :"বিছ বছৰ পিছত মই ওখ হৈছিলোঁ ।" 
       : "তুমি নিউয়ৰ্কত ভালদৰে আছানে জিমি?" 
       :"মই এতিয়া চহৰখনৰ বাবে কাম কৰোঁ । আহাঁ বব আমি মোৰ চিনাকি ঠাই এখনলৈ যাওঁ আৰু দীঘলীয়াকৈ আমাৰ পুৰণি দিনৰ কথা পাতোঁ ।" 

মানুহ দুজনে বাহুত বাহু থৈ খোজ কাঢ়িবলৈ লৈছিল । পশ্চিমৰ পৰা অহা মানুহজনে ক'বলৈ আৰম্ভ কৰিছিল নিজৰ জীৱনৰ দীঘলীয়া কাহিনী অাৰু আনজনে কাণলৈকে কোটটো ঢাকি মনোযোগেৰে শুনি গৈছিল । 

দোকান এখনৰ বিজুলী বাতিৰ পোহৰত তেওঁলোক এটা চুকত থিয় হৈছিল আৰু ওচৰ চাপি আহি ইজনে সিজনৰ মুখলৈ নিৰীক্ষণ কৰিছিল । হঠাতে পশ্চিমৰ পৰা অহা মানুহজনে নিজৰ বাহুটো আজুৰি আনিছিল ।
       "তুমি জিমি ৱেলছ নহয়", তেওঁ কৈছিল , "দহ বছৰ দীঘলীয়া সময় কিন্তু  ইমানো দীঘলীয়া নহয় যে ই মানুহৰ নাকৰ আকৃতি সলনি কৰি দিব পাৰে ।" 
          "কিন্তু ই কেতিয়াবা এজন ভাল মানুহক বেয়ালৈ পৰিবৰ্তিত কৰিব পাৰে", দীৰ্ঘদেহী মানুহজনে কৈছিল , "আপুনি দহ মিনিটৰ ভিতৰতে গ্ৰেপ্তাৰ হ'ব বব । চিকাগো পুলিচে ভাবিছিল আপুনি নিউয়ৰ্কলৈ আহিব পাৰে । তেওঁলোকে আমাক আপোনাৰ ওপৰত নজৰ দিবলৈ কৈছিল । আপুনি শান্তভাবে মোৰ লগত আহিব নে ? সেয়াই জ্ঞানীৰ কাম হ'ব । কিন্তু প্ৰথমে আপোনাক কিবা এটা দিবলৈ আছিল । আপুনি এইখন ইয়াতে খিৰিকীৰ কাষত পঢ়িব পাৰে । এইখন জিমি নামৰ অন্য এজন পুলিচ বিষয়াৰ পৰা আহিছে ।" 

পশ্চিমৰ পৰা অহা মানুহজনে সৰু কাগজ এটুকুৰা পঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁৰ হাতখন কপিবলৈ ধৰিছিল । 

"বব মই সময়মতেই ঠাইখনত উপস্থিত হৈছিলোঁ। কিন্তু মই চিকাগো পুলিচে বিচাৰি থকা মানুহজনৰ মুখ খন দেখিছিলোঁ আৰু মই তোমাক নিজে গ্ৰেপ্তাৰ কৰিব বিচৰা নাছিলোঁ। সেইবাবে মই আঁতৰি আহি অন্য এজন পুলিচ বিষয়াক কামটো কৰিবলৈ দিছিলোঁ ।" 
জিমি 

    

উপাসনা কাকতি
গাওঁ +ডাকঘৰ-উলাবৰী 
জিলা:-নলবাৰী 


পৃষ্ঠাঃ ৪০

গল্প

বিসৰ্জন

ড০ অখিল চক্ৰৱৰ্তী

      ঘৰৰ অপ্ৰয়োজনীয় বস্তু থোৱা কোঠাটোৰ চুকত থিয় হৈ অক্ষয় বৰুৱাই যোৱা তিনি বছৰে দেখি অহা, গালত খনিকৰে ৰং সনা সুন্দৰ লক্ষ্মীমূৰ্তি জনাৰ চকুলৈ চালে । কেইটামান মূহূৰ্ত সেইদৰেই মুখখনলৈ চাই থাকি অক্ষয় বৰুৱাৰ কান্দো কান্দো যেন লাগি গ'ল । বিয়া কৰোৱাৰ পিছৰে পৰা বৰুৱাৰ মনৰ মাজৰ কোমল অনুভূতিবোৰ লাহে লাহে নোহোৱা হৈ গৈছিল বুলি বৰুৱাই নিজেই অনুভৱ কৰি আহিছিল । আনকি কেইবাজনো আত্মীয়ৰ মৃত্যুতো কিছু বছৰৰ পৰা তেওঁৰ কান্দিবৰ মনত নপৰে । কিছুদিনৰ আগতে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল । সেইদিনাও তেওঁৰ দূখ লাগিছিল যদিও  কান্দিব পৰা নাছিল । আজি লক্ষ্মীপূজাৰ দিনা যোৱা তিনি বছৰে পূৱা গা  ধুই তেওঁ সেৱা কৰি অহা লক্ষ্মী মূৰ্তিজনা গোঁসাই ঘৰৰ পৰা উলিয়াই আনি এই ঘৰৰ অলাগতীয়াল বস্তু থোৱা কোঠাটোত থোৱা হৈছে ।
কিয় জানো অক্ষয় বৰুৱাই কথাটো সহজ ভাৱে ল'ব পৰা নাই । বিভিন্ন দিনত যিকোনো সমস্যা আহিলে এই লক্ষ্মীৰ সন্মুখত সত্তৰ বছৰীয়া অক্ষয় বৰুৱাই কাতৰেৰে উদ্ধাৰৰ বাবে নিবেদন কৰি আহিছিল । আজি পৰিয়ালৰ অনাদৃত সত্তৰ বছৰীয়া বৃদ্ধ অক্ষয় বৰুৱাই বুকুত সামান্য বিষ অনুভৱ কৰিলে । কথা নোকোৱাকৈয়ে তেওঁ নিজৰ মাতটো থোকাথুকি হৈ যোৱা যেন অনুভৱ কৰিলে ।                                     ক্ষন্তেক সময়ৰ আগলৈকে এই লক্ষ্মীজনা তেওঁলোকৰ গোঁসাই ঘৰৰ আসন শুৱনি কৰি আছিল । আজি ৰাতি পুৱালৈকে  পৰিবাৰে এইজনা লক্ষ্মীৰ সন্মূখতে চাকি জ্বলাই আহিছিল । আৰু এতিয়া আবেলি সকলো সলনি হৈ গৈছে । পৰিবাৰে কোৱাৰ দৰেই  তুলনামূলকভাৱে এটা সৰু লক্ষ্মী মূৰ্তি গোঁসাই ঘৰলৈ অনা হৈছে  আৰু নিয়মানুসৰি এই পুৰণা মূৰ্তিজনা নদীত উটাই দিবলৈ উলিয়াই অনা হৈছিল । হ'লেও অক্ষয় বৰুৱা মূৰ্তিজনা আজি উটাই দিয়াত সন্মত নহ'ল । তেওঁ যোৱা তিনিদিনমান কৈ আছিল ঃ নতুন মূৰ্তি নানিলে কি হয় ? এইজনা মূৰ্তিকে পুনৰ পূজা কৰিব নোৱাৰি জানো ? যোৱা দুবছৰ বাৰ্ষিক পূজা ভাগ নোহোৱা বাবে এইজনা মূৰ্তিকেনো কেনেকৈ পূজা দি অহা হ'ল ? এতিয়াও এই মূৰ্তিজনা থাকিলেনো কি হয় ? কিন্তু পৰিবাৰকে আদি কৰি পুত্ৰ-বোৱাৰী সকলোৱে চিঞৰি উঠিল ঃ নতুন মূৰ্তি প্ৰতিষ্ঠা নকৰাকৈ পূজা হয়নেকি ? ই কেনেকৈ সম্ভৱ হ'ব ? অক্ষয় বৰুৱাই চিঞৰি উঠিল ঃ এইজনা সোনৰ মূৰ্তি হোৱা হ'লে তোমালোকে উটুৱাই দিলাহেঁতেন নে ? হ'লেও ঘৰখনৰ সামূহিক সিদ্ধান্তৰ ওপৰত অক্ষয় বৰুৱাৰ যুক্তি তিষ্ঠিব নোৱাৰিলে । কিন্তু এটা কথাত লাভ হ'ল যে লক্ষ্মীজনা আজিয়েই উটাই দিবলৈ নিয়াৰ কথাটো সকলোৱে বাদ দিলে । নিয়ম নহয় বুলি কৈছিল যদিও গুদাম ঘৰৰ চুকত দুই -এদিনৰ বাবে মূৰ্তিজনা ৰাখি থোৱাত কোনেও আপত্তি নকৰিলে । আচলতে আপত্তি কৰি নতুন জঞ্জাল এটা চপাই ল'বলৈ কাৰো মন নগ'ল । পৰিবাৰে অৱশ্যে ইতিমধ্যেই মন্তব্য কৰিছিল , এই তিনিবছৰীয়া মূৰ্তিজনাৰ ৰং সলনি হৈ গৈছে , ডিঙিৰ ৰং বোৰ ঠায়ে ঠায়ে এৰাই গৈছে, গাল আৰু থুঁতৰিৰ উজ্জ্বল ৰঙৰ ঠাইত তলত ক'লা মাটিৰ দাগ ওলাই আহিছে । চুলিৰ ক'লা ৰংবোৰ আঁতৰি হৈ মৰাপাটৰ ৰং জিলিকি পৰিছে । হয় , মূৰ্তিজনা পুৰণি হৈছে । সেইবুলিয়েই তিনিবছৰে সেৱা কৰি অহা এই মূৰ্তিজনা এতিয়া দৃশ্যমান হৈ থাকোঁতেই ঘৰৰ পৰা কোনটো সতেৰে উলিয়াই পঠিয়াবি ?
        অক্ষয় বৰুৱাই গুদাম ঘৰৰ সোমাই দূৱাৰ খন ভিতৰৰ পৰা বন্ধকৰি দিলে । লক্ষ্মী মূৰ্তিজনাৰ কাষলৈ আহি আলটাৰে ৰঙা কৰা ভৰিকেইটাৰ কাষতে হাত দুখন থৈ থোকাথুকি মাতেৰে ক'লে ঃ তুমি যাবাগৈ মাতৃ , তুমি যাবগৈ লাগিব । তোমাক বিদাই দি বৰ কষ্ট পাইছোঁ । আচলতে যোৱা দীৰ্ঘ তিনিবছৰে তোমাৰ ওচৰত সেৱা কৰিয়েই দিনটোৰ প্ৰতিটো কাম আৰম্ভ কৰিছিলো । তুমি প্ৰতিদিনে ৰাতিপূৱা মোৰ মূৰত হাত থৈ যেন আশীৰ্বাদ দিছিলা আৰু যেন কৈছিলা ঃ যোৱা , তুমি সুৰক্ষিত হৈ থাকিবা । এই আশীৰ্বাদেই যোৱা দীৰ্ঘ তিনিবছৰ মোক প্ৰতিটো দিনৰ কামত সাহস আৰু শক্তি যোগাই আহিছিল । তুমি হাঁহি মাৰি মোক ৰাতিপুৱা স্বাগতম জনাই আহিছা । মই কিয় কোনফালে যাবলৈ ওলাইছোঁ তোমাৰ সন্মুখত সদায় কৈ হে যাওঁ । মোতকৈও অসুখী সকলক সুখ আৰু সান্তনা দিবলৈ তোমাক সদায় প্ৰাৰ্থনা কৰোঁ । এনেকৈয়ে দীৰ্ঘ তিনিবছৰ উপভোগ কৰি আহিছোঁ । মই কেতিয়াবা ভাবোঁ , সমালোচক সকলে মাজে মাজে কিয় ভাৰতীয় বিশ্বাসত মাতৃ- পূজাৰ প্ৰভাৱ বেছি ? দুৰ্গা , লক্ষ্মী , সৰস্বতী , মনসা , কালী সকলো নাৰীমূৰ্তিৰ পূজাৰ আঁৰত প্ৰাচীন মানুহৰ নাৰী প্ৰেমৰ বিশাল প্ৰভাৱৰেই স্বাক্ষৰ আছে । সেই কথা মোৰ মনলৈ নহা নহয় মাতৃঙ্গ ।
     অক্ষয় বৰুৱাই লক্ষ্মীজনাৰ ভৰি চুই ক'লে ঃ তুমি বিশ্বাস কৰা মাতৃ । কেতিয়াবা মই অনুভৱ কৰোঁ , মই তোমাক হয়তো পূজা নকৰোঁ । মই তোমাক এজন কিশোৰে , তাৰ হৃদয়েৰে প্ৰেয়সীক ভাল পোৱাৰ দৰেই ভালহে পাওঁ ।কেতিয়াও মই চকু , মুখ , আনকি কোনোবা অনামী খনিকৰে সজা তোমাৰ দেহৰ ভাঁজতো দৈহিক উত্তাপৰ সন্ধান কৰোঁ । নিজকে প্ৰশ্ন কৰোঁ, তোমাৰ প্ৰতি থকা সাগৰ বিশাল ভাল পোৱাই মোৰ বাবে তোমাৰ পূজা হ'ব নোৱাৰে জানোঁ ? কিয় নোৱাৰিম ? মই বিশ্বাস নকৰোঁ  , তোমাৰ প্ৰতি যোৱা দীৰ্ঘ বছৰ সমূহৰ মোৰ বুকুত সজা প্ৰেমৰ মন্দিৰটোত তুমি কিয় সোমাই থাকিব নোৱাৰিবা ? হে মাতৃ, তুমি মোৰ হৃদয়ৰ ওচৰ চাপি আহাঁ । কাষলৈ আহাঁ । আৰু কাষলৈ । তোমাৰ মোৰ মাজৰ ব্যৱধানৰ প্ৰাচীৰখন এয়া অদৃশ্য হৈ গৈছে ।
       কিন্তু এয়া কি হৈছে ? মই কি দেখিছোঁ ? মই তোমাৰ অন্তিম আয়োজনৰ এয়া দেখোন মোৰ নিজৰেই শেষ যাত্ৰাৰ প্ৰতিচ্ছবিখন ভাঁহি উঠা দেখিছোঁ । তুমি এই ঘৰ খন এৰি যাবগৈ লাগিব । আমাৰ উজ্জ্বল গোঁসাই ঘৰত তোমাৰ অনুজ্জ্বল দেহৰ বাবে ঠাই নোহোৱা হ'ল । তোমাৰ ঠাইত তাত নতুন মূৰ্তি প্ৰতিষ্ঠা হ'ব কিন্তু এইমাত্ৰ মই অনুভৱ কৰিছোঁ আচলতে তোমাৰ বাবে দুখ কৰাই দেখোন মোৰ অধিকাৰ নাই ? তোমাৰ মুখ মণ্ডলত মই এইমাত্ৰ মোৰ নিজৰ প্ৰতিচ্ছবি দেখিছোঁ । মোৰ মুখ মণ্ডলতো দেখোন তোমাৰ বৃদ্ধ মুখৰ দৰে একাধিক ক'লা- বগা দাগ । তোমাক উলিয়াই নপঠাবলৈ ঘৰখনক মই পতিয়ন নিওৱাৰ আৰু চেষ্টা নকৰোঁ । কাৰণ মই এইমাত্ৰ অনুভৱ কৰিছোঁ , তোমাৰ দৰেই এই ঘৰখনত মই নিজেই দেখোন অনাদৃত ।
       অক্ষয় বৰুৱাই লক্ষ্মীদেৱীৰ অনুজ্জ্বল চকু দুটালৈ চাই চাই উচুপি উঠিলে ঃ তুমি মোক ক্ষমা কৰা মাতৃঙ্গ তোমাক আৰু এটা দিনৰ বাবেও এই ঘৰত ৰাখি যাবলৈ আৰু কাকো অনুৰোধ নকৰোঁ । এই ঘৰ খনৰ পুত্ৰ বোৱাৰী, নাতি - নাতিনী অন্য কি মোৰ পৰিবাৰেও ইতিমধ্যে আচল সত্য বুজি পাইছে ।আৰু কেইদিন মান পাছতেই এইখন ঘৰৰ আটক ধুনীয়া শোৱা কোঠাটোৰ চিকচিকিয়া মূল্যবান বিছনাখনৰ পৰা মোৰ শোৱা ঠাই আগফালৰ অকনমান আৰু ঠেক কোঠাটোলৈ সলনি কৰিবলৈ সকলো প্ৰস্তুত হৈ আছে । ব'লা মাতৃ, আমি একেলগে যাত্ৰা কৰোঁ । অক্ষয় বৰুৱাই লক্ষ্মী দেৱীৰ মূৰ্তিজনাৰ ভৰিৰ আঙুলিটো স্পৰ্শ কৰিলে । এক উত্তাপ , এক উত্তেজনাৰ অনুভৱ কৰিলে অক্ষয় বৰুৱাই । তাৰ পাছতে দূৰৰ পৰা লক্ষ্মীজনাক এটা চুমা খালে । এইবাৰ নিষ্ঠুৰ হৈ উঠিল বৰুৱা । অকনমান সময় লক্ষ্মীজনাৰ ভৰিৰ আঙুলিকেইটা পিটিকি পিটিকি হঠাৎ তললৈ হেঁচা মাৰি ভাঙি পেলালে , আকৌ এবাৰ তিনি বছৰে একেৰাহে গভীৰ ভক্তিৰে চাই অহা লক্ষ্মীৰ চকু দুটা চালে , তেওঁ দেখিলে মূৰ্তিজনাৰ চকুৰ কোণত দুটোপাল চকুপানী নামি আহিছে । কঁপা কঁপা হাত এখনেৰে অক্ষয় বৰুৱাই মূৰ্তিজনাৰ চকুৰ কোণ দুটাৰ অদৃশ্য চকুপানী দুটোপাল মচি দিলে । তাৰ পিছত গুডাম ঘৰৰ দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহি  অৰিন্দমক চিঞৰি ক'লে ঃ গাড়ীখন সাজু কৰ । ব'ল , লক্ষ্মীজনা এতিয়াই বিসৰ্জন দি আহোঁ ।


পৃষ্ঠাঃ ৪১
গল্প

সম্ৰাজ্ঞী

পমি গগৈ
আমগুৰি।

মালিনী মহন্ত। বয়স প্ৰায় পঞ্চলিছ বছৰ। সুন্দৰী সপ্ৰতিভ। মাক দেউতাকৰ একমাত্ৰ সন্তান মালিনী তিনিটা সন্তানৰ মাতৃ। দুই যমজ পুত্ৰ ৰিঞ্চু আৰু ৰিমনে ক্ৰমে আই আই টি আৰু এইমচত অধ্যয়ন কৰি আছে। কন্যা জোনাক ডেৰাডুনৰ এখন বৰ্ডিং স্কুলত পঢ়ে। নিজৰ পিতৃ-মাতৃক চোৱাচিতা কৰাৰ ওপৰিও শাহু-শহুৰকো মালিনীয়ে অভিযোগৰ কোনো দিন সুবিধা দিয়া নাই। তিনিটা সৎ সুন্দৰ আৰু অতি মেধাৱী সন্তানৰ মাক, চহৰৰ আঢ্যৱন্ত ব্যক্তি পৰিমল বৰুৱাৰ পত্নী, এটা প্ৰাসাদোপম ঘৰৰ গৰাকিনী মালিনী মহন্ত নিজ সাম্ৰাজ্যৰ সম্ৰাজ্ঞী। তেওঁৰ পৃথিৱীত সকলো শৃংখলিত আৰু তেওঁৰ দৰেই পৰিতৃপ্ত।

পৰিমল বৰুৱা এই সাম্ৰাজ্যৰ প্ৰজা। মালিনীৰ পাৰদৰ্শিতা আৰু  মৰমে তেওঁক এক সহজ আৰু শংকাহীন জীৱন উপহাৰ দিছে। কৃতজ্ঞ পৰিমলে মাজে মাজে ভাবে এজনী মানুহ সকলো ফালে কেনেকৈ ইমান দক্ষ হ'ব পাৰে !

মালিনীও সুখী। জীৱন আৰু জগতে তেওঁক সকলো দিছে। নিজৰ ত্যাগ আৰু কৃতিত্বৰে স্বামী, সন্তান, পিতৃ-মাতৃ বিশেষকৈ শাহু-শহুৰ আৰু আত্মীয়ৰ পৰা মালিনীয়ে পাইছে প্ৰশংসা। কেৱল প্ৰশংসা। পৰিমল বৰুৱাৰ সংসাৰখনক সুখ-সমৃদ্ধিৰে তেওঁ ভৰুণ কৰিছে। মানুহ কেনেকৈ দুখী হয় মালিনীয়ে বুজি নাপায়। 

পৰিমল বৰুৱা কবিতা অনুৰাগী। ঘৰত থকা সৰু পুথিভড়ালটো বেছিভাগ দেশী-বিদেশী কবিতাৰ কিতাপেৰে ভৰ্তি হৈ আছে। পৰিমলে আৰু ভাল পাই জোনাক। শোৱনি কোঠাৰ লগত লাগি থকা বেলকনিখনত বহি তন্ময় হৈ চাই ৰ'ব পাৰে জোনাক। ছোৱালীজনীৰ জন্মৰ পিছত তাইৰ নামটো কি হ'ব ইয়াক লৈ মালিনী আৰু পৰিমলৰ মাজত এখন সৰু কাজিয়াই হৈছিল। নিজৰ সম্পৰ্কীয় ভায়েকৰ লগত এবাৰ ফ্ৰান্স ভ্ৰমণ কৰি অহা মালিনীয়ে ৰাজধানী পেৰিচৰ গুণ-গান এমাহ মানলৈ কৰি আছিল। মালিনীয়ে নিজৰ কণমানিজনীৰ নাম পেৰিচ ৰাখিব বিচাৰিছিল । প্ৰাণ-প্ৰাচুৰ্যৰে পৰিপূৰ্ণ পেৰিচ ! পৰিমলো আছিল নাচোৰবান্দা। তাইৰ নামটো জোনাকেই হ'ব। মাত্ৰ জোনাক আৰু কোনো  পোছাকী নামো নালাগে। অৱশেষত কণমানি জনীৰ নামটো জোনাকেই ৰখা হ'ল। পৰিমল বৰুৱাৰ বংশত ল'ৰা সন্তানৰ সংখ্যাই বেছি। জোনাক সকলোৰে নয়ণৰ মণি। দুটা যমজ ল'ৰা সন্তানৰ পিছত এজনী ছোৱালী বিচাৰি থকা স্বামীক জোনাকৰ দৰে মৰম লগা ছোৱালী এজনী উপহাৰ দি মালিনীয়েও মনে মনে গৌৰৱ কৰে। এজনী পত্নীয়ে দিব পৰা সকলো সুখেই স্বামীক দিয়া হৈ গ'ল। এতিয়া পৰিমল বৰুৱাৰ মন মগজুত কেৱল মালিনীৰ অধিকাৰ।

পৰিমল বৰুৱাই নিজেও কবিতা লিখে। তেওঁ নিজৰ ন-পুৰণি কবিতাবোৰ একেলগ কৰি কবিতা পুথি এখন প্ৰকাশ কৰিছে। নামটো 'আবেলি'। মালিনীৰ এই নামটো মুঠেই পছন্দ নহ'ল। ছপাশালৰ পৰা কপিবোৰ আহি পোৱাত মালিনীয়ে 'আবেলি'ৰ পৃষ্ঠা লুটিয়ালে। 'মোৰ আত্মাক জোনাকেৰে আৱৰি ৰখা জোনাকৰ হাতত কিতাপখন দিলো'। কিতাপখন জোনাকৰ নামত উৎৰ্সগা কৰিছে। মালিনীয়ে ভাবিলে। কিন্তু জোনাক আৰু কবিতা ? দেউতাকৰ মৰমে প্ৰচণ্ড অভিমানী কৰি তোলা জোনাকৰ সংবেদনশীলতা চকুত নপৰে। তাইতকৈ ইঞ্জিনীয়াৰিং কৰি থকা ৰিঞ্চুএ লেখা-মেলা কৰে। স্বভাৱত সি দেউতাকৰ নিচিনাই। অলপ সময় মালিনীয়ে কথাবোৰ ভাবি থাকিল। জোনাকৰ মৰমতে চাগে জীয়ৰীৰ নামত পৰিমলে কিতাপখন উৎৰ্সগা কৰিছে ! তথাপি কিবা এটা যেন মিলা নাই ! কিবা এটা বিশৃংখলতা ৰৈ গৈছে !

এইবোৰ যোৱা ছটা মাহৰ আগৰ কথা। পৰিমল বৰুৱাৰ কবিতাৰ কিতাপখনে পঢ়ুৱৈ সমাজৰ পৰা ভাল সহাৰিয়েই পালে। কোনোবাই বাতৰি কাকতত সমালোচনা এটাও লিখিলে। 

আজি পৰিমল বৰুৱাই মালিনীক লগত লৈ কেইবাবছৰৰ মূৰত তেওঁৰ নিজৰ জন্ম ঠাই তৰাতলীলৈ আহিছে। এসপ্তাহমান আগতে বৰুৱাৰ গাওঁৰ ৰত্ন দদাইদেৱে এটা নিমন্ত্ৰণ লৈ তেওঁৰ ওচৰলৈ গৈছিল। তৰাতলীত এখন বেচৰকাৰী অসমীয়া মাধ্যমৰ স্কুলৰ শুভাৰম্ভ কৰা হ'ব। আৰম্ভ কৰিছে পৰিমলৰ সহপাঠী বিমল হাজৰিকাই। বিমলে পৰিমল বৰুৱাক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ মুখ্য অতিথি ৰূপে আমন্ত্ৰণ কৰিছে। ৰত্ন দদাইদেউক কথা দিয়াৰ মতেই পৰিমল আৰু মালিনীয়ে  সময়মতে তৰাতলীত উপস্থিত হ'ল।

বৰ সুন্দৰ ঠাইত সুন্দৰকৈ স্কুলখন বনোৱা হৈছে। বিমলে হাত খুলি খৰছ কৰিছে। এনে এটা কামৰ বাবে তেওঁ নিশ্চয়কেই কৃতজ্ঞতাৰ পাত্ৰ। মুখ্য অনুষ্ঠানলৈ অলপ সময় বাকী। পৰিমল আৰু মালিনীয়ে বিমল হাজৰিকাৰ লগত কথা পাতি আছিল। এনেতে দেখাত মালিনীৰ সমবয়সৰ মহিলা  এগৰাকী তেওঁলোকৰ কোঠালৈ সোমাই আহিল। বিমল হাজৰিকাই চিনাকি কৰি দিলে। 
- মালিনী এইয়া জোনাক দুৱৰা। তৰাতলীৰে..আমাৰ স্কুলত অসমীয়া পঢ়াব। সুন্দৰ কবিতা লিখে। স্কুলত পৰিমল আৰু মোৰ জুনিয়ৰ আছিল। পৰিমলে...।
বিমল অলপ ৰ'ল। বাহিৰত কোনোবাই তেওঁক মাতিছে। বিমল উঠি গ'ল। সংসাৰৰ অভিজ্ঞতাৰে পৰিপক্ক মালিনীক অজানিতে জোনাক দুৱৰা নামটোৱে ছুই গ'ল। এটা ক্ষিপ্ৰ অথচ সাৱধানী দৃষ্টিৰে মালিনীয়ে জোনাক দুৱৰাক লক্ষ্য কৰিলে। এযোৰ বোৱা সৰু ফুলৰ চাদৰ মেখেলা, চকুত ক'লা ফ্ৰেমৰ চশমা আৰু চেপেটাকৈ আঁ‌চোৰা চুলিৰে জোনাক দুৱৰাক গাম্ভীৰ্যময়ী দেখাইছিল। মৃদু হাঁ‌হিৰে দুয়ো দুয়োক সম্ভাষণ জনালে। অলপ সময়ৰ আগলৈকে উচ্চাসিত হৈ থকা পৰিমল বৰুৱা যেন গহীন হৈ পৰিল। বিমল সোমাই আহিল। 
- পৰিমল তই জোনাকক বহু বছৰৰ মূৰত লগ পাইছ ন ? গম পাইছা মালিনী, আগতে ইহঁত দুয়োটাই প্ৰায়ে কবিতা...
বিমলৰ ফ'নটো বাজি উঠিল। বিমলৰ সম্পূৰ্ণ বাক্য শুনিবলৈ মালিনী অধীৰ হৈ পৰিল। 
- ভালে আছা জোনাক ? 
পৰিমল বৰুৱাৰ মাতটো যেন মুখৰ পৰা নহয় বুকুৰ বা তাতোকৈ ভিতৰৰ পৰা ভাঁহি আহিল! মালিনীয়ে অনুভৱ কৰিলে। 
- আছো।
চমু  উত্তৰ দি জোনাক উলাই গ'ল। তাই যেন পৰিমলৰ পৰা নিজক আঁতৰাই ৰাখিব বিচাৰিছে। পৰিবেশটো কিয় জানো মালিনীৰ সহজ নালাগিল। এটা কৌতূহল আৰু ৰহস্যই মালিনীক নীৰৱে জোনাক দুৱৰাৰ কাষলৈ আজুৰি নিলে।মালিনীৰ উশাহত সংশয়ৰ অম্লজান উজাই গ'ল।

সন্ধিয়াৰ আগে আগে সভাখন শেষ হ'ল। তাত গোট খোৱা তৰাতলীৰ ৰাইজে অঞ্চলটোত এখন সৰ্বাংগসুন্দৰ বিদ্যালয় হ'ব বুলি আনন্দ লাভ কৰিলে। খোৱা-লোৱা শেষ কৰি মালিনী আৰু পৰিমলে সকলোৰে পৰা বিদায় ললে। বিমল হাজৰিকাকে ধৰি অনুষ্ঠানটোৰ লগত জড়িত বহু কেইজনে তেওঁলোকক আগবঢ়াই দিলে। মালিনী গাড়ীৰ ভিতৰত বহিল। পৰিমলে দৰ্জাখনৰ হেন্দেলত হাত দি অলপ ৰ'ল। 
- জোনাক মোৰ কবিতা কিতাপ এখন উলাইছিল। তোমালৈ মানসৰ হাতত কপি এটা পঠাইছিলো...।

জোনাকে কি ক'লে মালিনীয়ে ভালদৰে নুশুনিলে। ড্ৰাইভাৰে গাড়ী ৰ্ষ্টাট কৰিলে। পশ্চিমৰ হেঙুলীয়া আকাশেদি কেইটামান চৰাই উৰি গ'ল। সচকিত মালিনীয়ে ভাবি থাকিল পৰিমলে তাইক নজনোৱাকৈ কাৰোবাক কবিতা উপহাৰ দিব পাৰে। পৰিমলৰ আত্মাক আৱৰি ৰখা জোনাক আৰু জোনাক দুৱৰা একেই নহয়তো! স্বামীৰ মন-মগজু অধিকাৰ কৰাৰ পিছত আত্মাৰ কথা ভবা নহ'ল। নিজ হাতে সকলো খুঁতি নাতি মাৰি গঢ়ি তোলাৰ পাছতো জীৱনত কিয় অনিশ্চয়তা থাকি যায় ? এখন সাম্ৰাজ্যৰ সম্ৰাজ্ঞী হৈয়ো ইয়াৰ উত্তৰ মালিনীৰ বাবে সহস্ৰ দূৰৈত ৰৈ গ'ল।



পৃষ্ঠাঃ ৪২

ৰেচিপিঃ

কৰজা টেঙাৰ আচাৰ



সামগ্ৰী সমূহ:
১)কৰজা টেঙা ১কিলো
২) জিৰা গুৰা ৫০গ্ৰাম
৩)ধনীয়া গুৰা ৫০গ্রাম
৩)পাঁচ ফুৰণ ৫০গ্ৰাম
৪)হালধি গুৰি আন্দাজ মতে
৫)নিমখ আন্দাজ মতে
৬)মিঠাতেল ২৫০গ্ৰাম
৭)ভিনেগাৰ ৫ চামুচ চাহ চামুচ
৮)সৰিয়হ বটা ৫০গ্ৰাম 
৯)জলকীয়া গুৰা নিজৰ মতে
@প্ৰস্তুত প্ৰণালী:-প্ৰথমতে কৰজা টেঙা খিনি তিনি দিন নিমখ দি পানীত তিয়াই থৈ তাৰ পাছত চালনিত উঠাই চাৰি দিন ৰ'দত শুকুৱাই দিব লাগিব ভাল দৰে । তাৰপাছত এখন কেৰাহীত মিঠাতেল গৰম কৰি তাত আমি আধা খুন্দা কৰি লোৱা পাঁচ ফুৰণ দি    অলপ জিৰা,ধনীয়া, দি লগে লগে কৰজা টেঙা খিনি দি লৰাই দিয়ক আৰু আন্দাজ মতে নিমখ,হালধি,সৰিয়হ বটা,জলকীয়া গুৰা দি লৰাই দিয়ক কম জুই দি লৰাই লৰাই অলপ তেলখিনি ফুটিব দি শেষত ভিনেগাৰ দি নমাই ৰাখিব।এদিন কেৰাহীতে ৰাখি ৰ'দত দি দিয়ক আৰু এটা কাঁচৰ বটলত ভৰাই ৰাখিব আৰু চাব যাতে আচাৰ খিনি তেলতে ডুব খাই থাকে তেতিয়া ভেঁকুৰ নালাগে ।কথাটো মন কৰিব। খাবলৈ বহুতে ভাল এবাৰ বনাই খাব পাৰে মোৰ বোধে নিশ্চয় ভাল পাব ।

মুনমী গগৈ
জাঁজী, শিৱসাগৰ।


পৃষ্ঠাঃ ৪৩

গ্ৰন্থ পৰিচয়ঃ

মই কল্যাণী
এখন সৰ্বাঙ্গসুন্দৰ উপন্যাস

কল্যাণী এজনী সহজ সৰল গাঁৱলীয়া ছোৱালী। গাৱৰ বোকা-পানী গচকি ডাঙৰ-দীঘল হোৱা কল্যাণীয়ে দেউতাৰ আৰ্থিক দুৰ্বলতাৰ হেতু পঢ়া-শুনাও আধাতে এৰিব লগীয়া হ'ল। ওচৰৰে সৰু সৰু ল'ৰা ছোৱালী দুটামানক ঘৰতে পঢ়ুৱাই আৰু মাকক পাকঘৰত, দেউতাকক খেতিপথাৰত কামত সহায় কৰি জীৱন অতিবাহিত হয় কল্যাণীৰ। ঘৰতে থকা মোমায়েকৰ ল'ৰা হৰেণৰো খেলৰ লগ কল্যাণী। তাক প্ৰতিটো কথা আৰু কামতে সহায় কৰা কল্যাণীৰ এদিন বিয়া ঠিক হয় গুৱাহাটীৰ সম্ভ্ৰান্ত ঘৰৰ সন্তান নৱজিতৰ লগত। কেৱল কাম আৰু কাম কৰি থকা নৱজিতৰ প্ৰেম, বিবাহ আদিৰ প্ৰতি আছিল অনিহা। নৱজিতে ভাবিছিল প্ৰেম মানেই স্বাৰ্থ পূৰণ, কাৰোবাৰ হৃদয়ক লৈ খেলা আৰু বিবাহ হৈছে এটা হৃদয় বৰ্জিত সম্পৰ্ক। কিন্তু এই মানসিকতাৰ নৱজিতে এদিন প্ৰেমত পৰে কল্যাণীৰ। কল্যাণীয়ে ৰঙেৰে ভৰাই তোলে নৱজিতৰ জীৱন। কিন্তু ইয়াৰ পিছতো শেষ নহয় কল্যাণীৰ জীৱনৰ জটিলতাবোৰ। চমুকৈ এইদৰেই আগবাঢ়ে 'মই কল্যাণী' নামৰ উপন্যাসখনৰ কাহিনী ভাগ। উপন্যাসখনত ব্যৱহৃত প্ৰতিটো শব্দ, প্ৰতিটো বাক্যই কল্যাণীৰ জীৱনৰ সৰলতাক প্ৰতিফলিত কৰিছে। কাহিনীৰ গতি, চিত্ৰিতকৰণ, বিভিন্ন চৰিত্ৰৰ বৈশিষ্ট্য অংকন, পৰিৱেশৰ বৰ্ণনা, চৰিত্ৰসমূহৰ উক্তি আদি প্ৰতিটো দিশেই উপন্যাসখনৰ সুন্দৰ হৈছে। উপন্যাসখনৰ আন এটি লেখত ল'বলগীয়া বৈশিষ্ট্য হৈছে সামৰণি। যদিও উপন্যাসখনৰ শেষত কল্যাণীৰ কষ্টকৰ জীৱনৰ বৰ্ণনা কৰা হৈছে তথাপিও অতি নাটকীয়ভাৱে এই কাহিনীৰ সমাপ্তি ঘটোৱা হৈছে। পাঠকে 'মই কল্যাণী' পঢ়ি উপকৃত হ'ব।
উপন্যাসখনৰ ৰচয়িতা স্বেতা ছেত্ৰী বৰ্তমান ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰী। ছাত্ৰীগৰাকীয়ে এইতো বয়সতে এনে এখন উপন্যাস ৰচনা কৰি নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছে। 'মই কল্যাণী'ৰ দৰে উপন্যাস এখন সৃষ্টিৰ আঁৰত যি কঠোৰ শ্ৰম, নিয়মানুৱৰ্তিতা, একাগ্ৰতা, সাধনাৰ প্ৰয়োজন এই আটাইখিনি গুনৰ অধিকাৰী লেখিকা স্বেতালৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আশা কৰিছোঁ, পাঠক সমাজে 'মই কল্যাণী' উপন্যাসখন পঢ়িব আৰু লেখিকাৰ এই প্ৰচেষ্টাক আদৰি ল'ব।
'মই কল্যাণী' উপন্যাসখনৰ মূল্য ১৪০.০০ টকা।
প্ৰকাশক : অংকুৰণ প্ৰকাশন, যোৰহাট।
গ্ৰন্থখন যোৱা ১ নৱেম্বৰ তাৰিখে উন্মোচন হয়। আপোনাৰ কপীটোৰ বাবে 8638310699 নম্বৰত যোগাযোগ কৰিব পাৰে। ডাকযোগে গ্ৰন্থখন পঠোৱাৰ ব্যৱস্থা আছে।

হেমেন নাথ
সম্পাদক
পষেকীয়া ই আলোচনী 'অঙ্গন' আৰু মাহেকীয়া শিশু আলোচনী 'অকণিৰ অংকুৰণ'।


পৃষ্ঠাঃ ৪৪
কথোপকথনঃ

কিশোৰী মোহন পাল দেৱৰ সৈতে
অঙ্গনৰ পৰিয়ালৰ সাক্ষাৎকাৰ 

১/ ছাৰ নমস্কাৰ । প্ৰথমেই আপোনাক আমাৰ "অঙ্গন" আলোচনীৰ কথোপথন শিতানলৈ স্বাগতম জনাইছোঁ । আপুনি সকলোৰে পৰিচিত তথাপিও আমাৰ পাঠকসমাজক আমি আপোনাৰ কথাৰে চিনাকী কৰিব বিচাৰিছোঁ।
উত্তৰ:-মোৰ নাম : কিশোৰী মোহন পাল
জন্মভূমি : অসম
ঠিকনা : কমলাবাৰী , মাজুলী-৭৮৫১০৬

২/ ছাৰ আপোনাৰ কৰ্ম জীৱন শিক্ষকতাৰ দৰে মহান বৃত্তিৰ লগত সংলগ্ন, সেয়ে এই জীৱনৰ দুটি মধুৰ স্মৃতি আপুনি আমাক অৱগত কৰিলে আমি আনন্দিত হ'ম।
উত্তৰ:-মোৰ শিক্ষক জীৱনৰ দুটা স্মৰণীয় ঘটনা : (১) ১৯৭৪ চনৰ ১২ ৰ পৰা ১৯ জানুৱাৰীলৈ কেৰালা ৰাজ্যৰ কোচিনত অনুষ্ঠিত নিখিল ভাৰত ছাত্র ফেডাৰেশ্যন (All India Student Federation)  ৰ ঊনবিংশ(১৯তম) ৰাষ্ট্ৰীয় কংগ্ৰেছ আৰু নিখিল ভাৰত যুৱ ফেডাৰেশ্যন(All India Youth Federation)ৰ পঞ্চম(৫ম) ৰাষ্ট্ৰীয় কংগ্ৰেছত অসমৰ এজন প্ৰতিনিধি হিচাপে যোগদান কৰি বিচিত্ৰ অভিজ্ঞতা লাভ কৰোঁ।

(২) জীৱনৰ বিয়লি বেলা ১৯৯৬ চনত হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ দুয়োটা খণ্ডৰ পৰীক্ষা দিওঁতে বিচিত্ৰ অভিজ্ঞতা লাভ কৰোঁ। ছেকেন্দ্ৰাবাদৰ ওৱেলছলি কলেজৰ পৰীক্ষা কেন্দ্ৰত আনন্দিত মনেৰে পৰীক্ষাত অৱতীৰ্ণ হৈ কৃতকাৰ্য হওঁ।

৩/অসমবাসীয়ে মূলত আপোনাক এজন সফল নিৰ্ভীক, স্পষ্টবাদী সাংবাদিক হিচাপে জানে আপুনি ১৯৭২ চনতেই Assam Express কাকতত সংবাদ দাতা হিচাপে কৰ্মৰত আছিল। ইয়াৰ পাছত আপুনি আৰু কি কি কাকত আলোচনীৰ লগত জড়িত হৈ আছে আমাক জনাৱ নেকি ? 
উত্তৰ-১৯৭২ চনত হেম বৰুৱা সম্পাদিত The Assam Express দৈনিক কাকতত মই পোনপ্ৰথমে সংবাদ সেৱা কৰোঁ। পৰৱৰ্তী সময়ত দৈনিক জনমভূমি ,সাপ্তাহিক জনমত , 
The Asam Tribune , The Northeast Daily , দৈনিক ভূমিপুত্ৰ , অসমীয়া প্ৰতিদিন, The North East Times ,
The North East Observer আৰু আজিৰ দৈনিক বাতৰি কাকতত সাংবাদিকতা কৰোঁ।
সম্প্ৰতি মোৰ সম্পাদিত আৰু প্ৰকাশিত দুখন প্ৰগতিবাদী মাহেকীয়া কাকত হ'ল , মাজুলীদাপোণ আৰু Majuli News ।

৪/ সাংবাদিকতাৰ দৰে জটিল বিপদ সংকুল বৃত্তি এটাৰ প্ৰতি আপুনি আকৰ্ষিত হোৱাৰ মূল কাৰণ কি ? Assam Express(1972)কাকতৰ সাংবাদিক হিচাপে আপোনাৰ কিছু কথা আমাক জনালে আমি সুখী হ'ম।
উত্তৰ:-জনজীৱনৰ সঁচা প্ৰতিচ্ছবি  বাবে সাংবাদিকতাৰ লগত জড়িত হওঁ। সংবাদসেৱী নিষ্ঠাবান হ'লে সাংবাদিকতা কেতিয়াও জটিল হ'ব নোৱাৰে।

৫/ বৰ্তমান আপুনি " মাজুলী দাপোন" আৰু "Majuli News" নামৰ দুখন কাকত মাজুলীৰ পৰা প্ৰকাশ কৰি আহিছে । এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা কেনেধৰণৰ ?  কাকত দুখনক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ ?
উত্তৰ:-এই ক্ষেত্ৰত মই সংশ্লিষ্ট  পৰা আশানুৰূপ সঁহাৰি পোৱা নাই। তথাপি মোৰ কাকত দুখনে আশাব্যঞ্জকভাৱে এচাম নিয়মীয়া পাঠক সৃষ্টি কৰিছে। অনলাইন সংস্কৰণ( www.majulinews.com আৰু KMP185.BLOGSPOT.COM) প্ৰকাশ কৰাৰ পাছত কাকত দুখন বিশ্বব্যাপী সুলভ হোৱাৰ লগতে ভৱিষ্যত উজ্জ্বলতাৰ সংকেত দিছে।

৬/ আমি জনাত সাহিত্য সেৱাৰ প্ৰতি আপুনি সৰুৰে পৰাই আৰ্কষিত হৈছিল।   কিদৰে আপোনাৰ মনলৈ এই সাহিত্য প্ৰীতি আহিল জনাবচোন। লগতে সাহিত্য সম্পৰ্কীয় নতুন পৰিকল্পনা বিষয়েও জনিবলে পালে ভাল লাগিব।
উত্তৰ:-সৰুৰে পৰা মই সচেতনভাৱে প্ৰকৃতি আৰু জীৱন অধ্যয়ন কৰাৰ ফলস্বৰূপে কলম হাতত তুলি লওঁ । মগজুৰ কৰ্ষণত ইয়াৰ পৰা নিঃসৃত হয় বিভিন্ন কবিতা , প্ৰৱন্ধ আৰু বাতৰি। শেহতীয়াকৈ দুটামান গল্পও ৰচনা কৰোঁ। ভূপেনদাই সম্পাদনা কৰা মাহেকীয়া আলোচনী আমাৰ প্ৰতিনিধিৰ ১৯৬৫ চনৰ শাৰদীয় সংখ্যাত মোৰ প্ৰথম লেখা  ' সাহিত্য আৰু সৌন্দৰ্য ' প্ৰকাশ পায়।
মোৰ ৰচিত গ্ৰন্থৰাজি হ'ল (১) যুগসন্ধিৰ প্ৰতিশ্ৰুতি ( কাব্য সংলন) , ১ম সংস্কৰণ ,১৯৭৮, (২) যুগসন্ধিৰ প্ৰতিশ্ৰুতি , ২য় সংস্কৰণ , ২০১৩ , (৩) নজহা-নপমা , প্ৰৱন্ধ সংকলন , ২০১৫ আৰু (৪)Thoughts Evergreen, 2015 ।
মোৰ সম্পাদিত গ্ৰন্থৰাজি :
(১) মাজুলী জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ ৫ম অধিবেশনৰ স্মৃতিগ্ৰন্থ , ১৯৭৮ , (২) অসম সাহিত্য সভাৰ শৰৎ চন্দ্ৰ গোস্বামী স্মৃতিদিৱসৰ স্মৃতিগ্ৰন্থ , ২০০১ , কমলাবাৰী আৰু (৩)
সদৌ অসম গড়কাপ্তানী শ্ৰমিক সংঘৰ ৩৩তম অধিবেশনৰ স্মৃতিগ্ৰন্থ ঐক্যতান,কমলাবাৰী ,২০০২ ।
মোৰ সম্পাদিত আৰু প্ৰকাশিত কাকত দুখন হ'ল ,
(১) মাজুলীদাপোণ আৰু (২) Majuli News ।
ভাষাবিভ্ৰাট সম্পৰ্কীয় এখন গ্ৰন্থ প্ৰণয়ন কৰাৰ চিন্তা কৰিছোঁ।

৭/ শুনিবলৈ পোৱা যায় যে অসমীয়া মানুহে কিতাপ, আলোচনী, বাতৰি কাকত আদি নপঢ়ে । আপুনি এজন গ্ৰন্থ লেখক, কাকত আলোচনীৰ প্ৰকাশ আৰু সম্পাদক হিচাপে এই ক্ষেত্ৰত  আপোনাৰ দৃষ্টিভংগী কেনে এই সম্পৰ্কে আমি জানিব বিচাৰো ।
উত্তৰ:-সৰহভাগ অসমীয়া মানুহে কিতাপ-পত্ৰ নপঢ়ে। তেওঁলোকৰ প্ৰকাশিত গ্ৰন্থ আৰু কাকতৰ প্ৰতি থকা উদাসীনতা উদ্বেগজনক। তেওঁলোক তথাকথিত শিক্ষিত লোক। এই ক্ষেত্ৰত তেওঁলোকৰ ইতিবাচক মানসিক পৰিৱৰ্তনৰ উদ্দেশ্যে প্ৰৱল গণসজাগতা আন্দোলন চলোৱাৰ বাহিৰে অন্য উপায় নাই।

৮/ চাৰ, আপোনাৰ দৃষ্টিত জীৱন কি ?  কেনে ধৰণৰ সফলতা প্ৰকৃততে জীৱনৰ আকাংক্ষা হোৱা উচিত  ? 
উত্তৰ:-জড় আৰু জীৱ জগতৰ সৃষ্টি আৰু বিকাশ সম্পৰ্কীয় বৈজ্ঞানিক জ্ঞানৰ লগতে মানৱৰ সমাজব্যৱস্থাৰ বৈপ্লৱিক পৰিৱৰ্তনৰ জ্ঞান আহৰণ- সদ্ব্যৱহাৰৰ যোগেদি সমাজৰ প্ৰগতিৰ স্বাৰ্থত আত্মনিয়োগ কৰাটোৱেই জীৱনৰ অৰ্থ। এজন উচ্চ শিক্ষিত লোকে যদি নিজৰ ডিগ্ৰীৰ জ্ঞানেৰে প্ৰকৃতি আৰু মানুহক শোষণ কৰে , তেন্তে তেওঁৰ জীৱন সফল হ'ব নোৱাৰে। তেতিয়া পৃথিৱীৰ অসুখৰ বাবে তেওঁ দোষী হ'ব লাগিব।                                  

৯/"অঙ্গন " এখন পষেকীয়া ই আলোচনী । বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক প্ৰতিনিধিত্ব কৰিবৰ জোখাৰে আজিও ই আলোচনী পৈণত হৈ উঠা নাই । সেয়ে আলোচনীখনৰ উজ্বল ভৱিষ্যতৰ বাবে আপোনাৰ পৰা এটা গঠনমূলক সু পৰামৰ্শ বিচাৰিছোঁ ।
উত্তৰ:-সকলো ধৰণৰ প্ৰগতিবাদী লেখা প্ৰকাশ কৰিলে অঙ্গনে পাঠকৰ বিপুল সঁহাৰি লাভ কৰিব পাৰিব  ।

১০/ ছাৰ আপোনাৰ সু-পৰিকল্পিত দৈনন্দিন কৰ্ম তালিকাৰ মাজতে "অঙ্গন" পৰিয়ালৰ লগতে আমাৰ পাঠক সকলৰ বাবে এই সময় দিলে ইয়াৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰ'লোঁ । আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । ধন্যবাদ চাৰ ।
উত্তৰ:- ধন্যবাদ ।

সাংবাদিক, লেখক শ্ৰদ্ধাৰ কিশোৰী মোহন পাল দেৱৰ সু-স্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিলো। তেখেতৰ  দ্বাৰা সম্পাদিত "মাজুলীৰ দাপোন আৰু Majuli News" পাল দেৱৰ পৰিচয় হওক। আহিব লগা গ্ৰন্থ "ভাষাবিভ্ৰাট" লৈ অঙ্গনৰ তৰফৰ পৰা অশেষ শুভকামনা জনালো। ভাষা সম্পৰ্কীয় তেওঁৰ এই গ্ৰন্থই পাঠকৰ মনত নতুন দিগন্তৰ সুচনা কৰক। তেখেতৰ ভৱিষ্যত পৰিকল্পনা সফল হওক । এই আশাৰেই পুনৰ বাৰ অঙ্গনৰ পৰিয়ালে তেখতলৈ অজুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

(মুখ্য সম্পাদক হেমেন নাথৰ সহযোগত
মাজুলীৰ প্ৰতিনিধি পবিত্ৰ গায়নে এই কথোপকথন সংগ্ৰহ কৰিলে।)


পৃষ্ঠাঃ ৪৫
জ্ঞানৰ সফুঁৰা

(১৫ চেপ্তেম্বৰ,২০২০)

১) বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি?

২)বায়ুত নাইট্ৰ'জেনৰ পৰিমাণ শতকৰা কিমান ভাগ?

৩)চন্দ্ৰৰ লগত সম্পৰ্ক থকা গ্ৰহটোৰ নাম কি?

৪) নবেল বঁটা পোৱা প্ৰথম ভাৰতীয় বিজ্ঞানীজনৰ নাম কি?

৫) অসমৰ কৃষিজাত প্ৰধান ৰপ্তানি বস্তুবিধৰ নাম কি?

৬) পৃথিৱীৰ আটাইতকৈ দীগল পৰ্বতখনৰ নাম কি?

৭)স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

৮) শৰীৰৰ উত্তাপ জোখা যন্ত্ৰটোৰ নাম কি?

৯)অসমৰ প্ৰথম মূখ্যমন্ত্ৰী কোন আছিল?

১০)কোনে সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল?

যোৱা সংখ্যাৰ শুদ্ধ উত্তৰ:- মাজুলী, অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত, প্ৰায় ১০০ বৰ্গ কিলোমিটাৰ,  প্ৰথম ,ভাৰতৰ মৌচিনৰাম, ধান ,মেঘালয় ,ত্ৰিপুৰা , অসম ,উত্তৰ দিশত  ৷

যোৱা সংখ্যাট আমি এজনৰো শুদ্ধ উত্তৰ নেপালো ৷


পৃষ্ঠাঃ ৪৬

শব্দ যঁট‌্পট‌্

১/ ৰিকৰিকা
২/ তিংকিই
৩/ দপ্ৰমা
৪/গ্ৰস্থধাবা
৫/মঙ্গৰঞ্চ
৬/নাঞ্জনীলা
৭/ণিকাৰুক
৮/পন্থাৰ্যকা
৯/ স্পমাপ্ৰেদ
১০/ কুশুপৰণ্ড

যোৱা সংখ্যাৰ শুদ্ধ উত্তৰঃ কলডিল,মানসিকতা, দুৰ্যোধন,জাতিস্কাৰ, জ্ঞানজ্যোতি, নিশকটীয়া,ৰামবিজয়, চিত্ৰলেখা ,নাচোৰ-বান্দা, নতশিৰ। উত্তৰ দিওঁতা সকল  আস্থাৰাণী শইকীয়া, মৃদুস্মিতা গগৈ, মৌচম প্ৰিয়ম নাথ, সুদীপ্ত নয়ন নাথ। এই সংখ্যাৰ লটাৰী যোগে হোৱা বিজয়ী প্ৰতিযোগী আস্থাৰাণী শইকীয়া। অভিনন্দন আস্থাৰাণী শইকীয়া।



পৃষ্ঠাঃ ৪৭

শেষ পৃষ্ঠাৰ লেখাঃ

প্ৰথমৰ আনন্দ

এটা একক আৰু অনন্য শব্দ হ’ল “প্ৰথম”৷ ইয়াৰ মাদকতা যেন যথেষ্ট সুকীয়া৷ ইয়াৰ অভিজ্ঞতাই যেন আমাৰ সমগ্ৰ জীৱনটোকে উদ্বেলিত কৰি ৰাখে৷ এই ধৰক...কোনো পিতৃ-মাতৃয়ে নিজ সন্তানৰ মুখত শুনা “প্ৰথম” “মা”,“দেউতা” শব্দ, শিশুটোৱে এখোজ-দুখোজ দিবলৈ চেষ্টা কৰাৰ প্ৰথম দিনটো, শিশুটো প্ৰথম স্কুললৈ যোৱাৰ দিনটো, শিশুটোৰ পোন প্ৰথম বাৰৰ বাবে স্কুলত দিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনটো, পৰীক্ষাত পোন প্ৰথম বাৰৰ বাবে প্ৰথম হোৱাৰ দিনটো, মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটো ! আহ্ এই প্ৰথমবোৰ মনলৈ প্ৰায়েই উজাই আহে হেঁপাহৰ স্বপ্নটোৰ দৰেই৷ প্ৰথম কলেজলৈ যোৱাৰ দিনটো, জীৱনত প্ৰথম বাৰৰ বাবে কৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ দিনটো, কোনেনো পাহৰিব পাৰে প্ৰেয়সীক পোন প্ৰথমবাৰৰ বাবে নিজৰ কাষতে পোৱা দিনটো, পাহৰিব পাৰে জানোঁ প্ৰেয়সীক কৰা সেই প্ৰথম চুম্বনটো ! আৰু যে ক’ত কি প্ৰথমৰ উশাহ৷ নিজৰ কোনো লিখনি বা ফটো পেপাৰত প্ৰথম প্ৰকাশ হোৱাৰ দিনটো, টিভিত প্ৰথম ওলোৱা দিনটো, বজাৰলৈ প্ৰথম বাৰৰ বাবে যোৱা দিনটো, প্ৰথম বাৰৰ বাবে নিজে বজাৰ কৰা দিনটো, নিজৰ প্ৰেয়সীৰ মুখত এটি মৰমসনা হাঁহি দেখাৰ প্ৰথম দিনটো, চাকৰি পোৱাৰ পিছত অফিচলৈ যোৱা প্ৰথম দিনটো কেনে লাগিব ? তাক লৈ আমাৰ কিমান যে পৰিকল্পনা, কিমান যে সপোন আৰু উৎকণ্ঠা৷ প্ৰথম দৰমহা পোৱাৰ দিনটো কি কৰিম কি নকৰিম তাকলৈয়ো আমাৰ কিমান পৰিকল্পনা৷ পাৰি জানোঁ শেষ কৰিব এই প্ৰথমৰ কল্পনা আৰু তাকলৈ বুকুত গজি উঠা আমাৰ সপোনবোৰৰ যন্ত্ৰণা শব্দৰ প্ৰসৱেৰে উপশম কৰিব ? এই “প্ৰথম” বোৰেই আমাৰ জীৱনটো অনন্য ৰূপত আগুৱাই নিয়ে৷ এই “প্ৰথমে” আমাৰ জীৱনবোৰক কৰি তোলে জীপাল আৰু মধুময়৷ দৰাচলতে আমাৰ জীৱনটোৱেইচোন প্ৰথম; আৰু জীৱনৰ খোজত খোজ থৈ আগুৱাই যোৱাৰ হেপাঁহবোৰটো আমাৰ প্ৰথমেই!!

ভাস্কৰজ্যোতি ডেকা
8822854069



পৃষ্ঠাঃ ৪৯
কৌতুকঃ

বনগুটি আৰু ধনগুটি দুয়োটা মিলি সিহঁতৰ গ্ৰুপ লিডাৰ  বন্ধু কচুগুটিৰ ঘৰলৈ গ’ল ৷
গৈ দেখিলে কচুৱে পূজা কৰি আছে আৰু মাজে মাজে জয় মা কৰ'না কি বুলি আটাহ পাৰে। 

পূজা শেষ হ’লত বনগুটি আৰু ধনগুটিয়ে সুধিলে বোলে কচু তই কাক পূজা কৰিলি।

কচুয়ে হাতযোৰ কৰি ভক্তিত গদগদ হৈ
ক’লে বোলে জয় মা কৰ'না কি 
কাৰণ মই সৰুৰে পৰা স্কুল চিস্কুল বন্ধ হ'বলৈ আৰু এটা এনৰইড মোবাইলৰ বাবে ভগৱানক ইমান যে পূজিলো কিন্তু কোনো কামত নাহিল ৷ 
কিন্তু মাই কৰ'না বিৰাজমান হৈয়েই মোৰ এই দুয়োটা প্ৰাৰ্থনা শুনিলে।
স্কুল টো বন্ধই আৰু Online class ৰ নামত এনৰইড এটাও গোটেপাতে পালোঁ।

জয় মা কৰ'না কি 

বনগুটি ধনগুটি sock
কচুগুটি Rock

কৃষ্ণা ময়ূৰী হাজৰিকা
তিতাবৰ


পৃষ্ঠাঃ ৫০
বেটুপাত ৩ঃ

প্ৰকাশ পালে
ইন্দুলেখা হাজৰিকাৰ
অণুগল্প সম্ভাৰ "সোণালী সপোন" আৰু
কবিতা পুথি "প্রাণহীন প্ৰতিমা




প্ৰকাশক
অংকুৰণ প্ৰকাশন, যোৰহাট

যোগাযোগৰ ঠিকনাঃ 6001729130, 6003740292

মাজুলীত গ্ৰন্থ প্ৰাপ্তিৰ স্থান:

1. মণি বুক ষ্টল ,কমলা বাৰী,ব্লক তিনিআলী,মাজুলী
2. কাকতি বুক ষ্টল ,গড়মূৰ মাজুলী
3. জোনালী ষ্টল,কমলা বাৰী চাৰিআলি ।
4.গ্ৰন্থ সম্বৰ ,আউনীআটী সত্ৰ,মাজুলী।
5.শইকীয়া বুক ষ্টল,আউনীআটী সত্ৰ,মাজুলী
6.জ্ঞান মন্দিৰ, কমলা বাৰী ,মাজুলী


পৃষ্ঠাঃ ৫১
বেটুপাত ৪ঃ



Post a Comment

0 Comments