পৃষ্ঠা ১
বেটুপাতঃ ১
পৃষ্ঠাঃ ২
বেটুপাত ২ঃ
পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰিবলৈ
অনুৰোধ জনোৱা হ'ল।
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰত
লেখা পঠিওৱাৰ নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 অক্টোবৰ, 2020
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হাততো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চৰাতঃ
১/ সম্পাদকীয়ঃ পৃষ্ঠা ৫
মানুহৰ ভৱিষ্যত
২/ প্ৰৱন্ধ: পৃষ্ঠা ৬-১০
ক/ আত্মসচেতন ( প্ৰিয়াংকুদীপ শৰ্মা)
খ/ কবিৰ কল্পনাত শৰতৰ বন্দনা ( মঞ্জুমালা শৰ্মা ভট্টচাৰ্য)
গ/ বিশ্বনিৰ্মাতা বিশ্বকৰ্মা পূজা ( অণিমা বৰঠাকুৰ)
৩/ ধাৰাবাহিক উপন্যাসঃঃ পৃষ্ঠা ১১-১৪
ক/ধুমুহাই ভঙা সপোন (দুৰ্গেশ্বৰ শইকীয়া)
খ/অনুতপ্ত (বৃষ্টি বৰুৱা)
গ/অভিশ্ৰুতি (চয়নিকা বৰুৱা)
৪/ অণুগল্পঃঃ পৃষ্ঠা ১৫
ক/ অপ্ৰত্যাশিত প্ৰস্তাৱ( হেমা চৌধুৰী গগৈ)
খ/ যন্ত্ৰণা(মমী তামুলী )
গ/মানৱতা(সংকল্পজিৎ শইকীয়া)
ঘ/ লোভী ( বুলবুলি নাথ)
৫/ এক মিনিটৰ গল্পঃ পৃষ্ঠা ১৬-১৮
ক/ সংগী (শ্যামলিমা কাকতি)
খ/ আত্মৰক্ষা (জিলমিল বৰদলৈ)
গ/উত্তৰণ (সঙ্গীতা মেনা)
৬/ অনুবাদ কবিতাঃ পৃষ্ঠা ১৯-২১
ক/ শৰতৰ বনৰীয়া ৰাজহংস জাক (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ The Wild Swans at Coole By W B Years
খ/ এটা সাক্ষাৎ (অনুবাদঃ প্ৰাঞ্জল কুমাৰ লাহন, মূলঃ হিন্দী, অমৃতা প্ৰিতম)
গ/ ৰূপেন হাঁচদা
মূল বাংলাঃস্বৰূপ চন্দ
অনুবাদঃ বাসুদেৱ দাস
৭/কবিতাঃঃ পৃষ্ঠা ২২-৩৬
ক/সঞ্জীৱনী সুধা (মনচুমী কলিতা নাথ)
খ/ বিদায়(দৃষ্টিৰূপা বৰদলৈ)
গ/চিৰ প্ৰবাহমান সেই নদী (ৰিজু শইকীয়া বৰদলৈ)
ঘ/ অনুভৱৰ আলাপ(গীতাৰ্থী ঠাকুৰ)
ঙ/ পিতাইৰ সপোন (আকাশী পৰী)
চ/জঁট লগা সাঁথৰৰ খেল...(ময়ুৰী শৰ্মা গোস্বামী)
ছ/ গান এটাত গধুলি হ'ল (পুলেন ৰাজ ডেকা)
জ/পাগল (নিৰঞ্জন শৰ্মা)
ঝ/ কবি আৰু কবিতা (প্ৰণামিকা গগৈ)
ঞ/ এজাক সপোন, বৰষুণ আৰু মাদকতা (দীক্ষা বৰা)
শাৰদীয় কবিতাঃ
ক/শৰতৰ শেৱালি (ৰাহুল বৰদলৈ)
খ/শেৱালি (কবিতা দেৱী)
গ/ শৰৎ মোৰ প্ৰিয় ঋতু (পৱন ডেকা )
ঘ/ এইয়াই শৰৎ(গণেশ চন্দ্ৰ কছাৰী)
ঙ/ শৰৎ ( লক্ষী প্ৰসাদ ৰেগন)
৮/ নিৱন্ধঃঃ পৃষ্ঠা ৩৭
যোগ কিয় আৰু কেনেকৈ কৰিব লাগে ?
(ভাৰ্গৱ কলিতা)
৯/ অনুভৱঃঃ পৃষ্ঠা ৩৮-৩৯
ক/ শৰৎ তোমাক স্বাগতম (পবিত্ৰ গায়ন, সদস্য অঙ্গন)
খ/ শৰতৰ এমুঠি অনুভৱ (বিজু বৰঠাকুৰ)
১০/সাক্ষাৎকাৰঃ পৃষ্ঠা ৪০
জয়ন্ত হাজৰিকাৰ সৈতে
(সাক্ষাৎ গ্ৰহণ- পবিত্ৰ গায়ন )
১১/ ভ্ৰমণ কাহিনীঃঃ পৃষ্ঠা ৪১
মোৰ ভ্ৰমণ ডায়েৰী-৫
কাৰ্শ্বিয়াং (শৰ্মীষ্ঠা বৰ্মন)
১২/ শিশু সাহিত্যঃঃ পৃষ্ঠা ৪২
প্ৰকৃতি আৰু শিশু ( ৰাজশ্ৰী বৰা)
১৩/ গল্পঃঃ পৃষ্ঠা ৪৩-৪৪
ক/ আত্মবিশ্বাস (পূৰ্ণিমা বৰুৱা)
খ/ হেঁপাহ (ৰূপালীম মহন্ত)
১৭/ অনুবাদ গল্পঃপৃষ্ঠা ৪৫
দাগ ( জয়ন্তীমালা বৰপূজাৰী)
(মূলঃ হিন্দীঃ সুশান্ত সুপ্ৰিয়)
১৪/ ৰেচিপিঃ পৃষ্ঠা ৪৭
ধকলা (কাশ্যপী বৰুৱা)
১৫/ নীলা খামৰ চিঠিঃঃ পৃষ্ঠা ৪৮
বৰষা (মৰম) দত্ত
১৬/ আমাৰ সংবাদঃঃ পৃষ্ঠা ৪৯
অংকুৰণ প্ৰকাশনৰ জ্যোতিকণা উন্মোচন
১৭/ শেষ পৃষ্ঠাৰ লেখাঃঃ পৃষ্ঠা ৫০
কিতাপ পঢ়াৰ আনন্দ (পৰিণীতা কলিতা)
পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ হেপ্পী শইকীয়া, শিৱসাগৰ।
ফটোগ্ৰাফাৰ ঃ নিয়ৰ, শিৱসাগৰ।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসমূহঃ
গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, প্ৰস্তুতি শৰ্মা, স্বপ্নমজ্যোতি কলিতা, অৰ্চনা শইকীয়া, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।
পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ
মানুহৰ ভৱিষ্যত
জন্মিলে মৃত্যু হ'বই। এই চিৰন্তণ সত্য কথাষাৰ মানুহৰ লগতে সকলো প্ৰাণী আৰু উদ্ভিদৰ ক্ষেত্ৰতেই প্ৰযোজ্য। এক নিৰ্দিষ্ট সময়ৰ অন্তত প্ৰতিজন ব্যক্তিৰেই মৃত্যু হ'ব। কিন্তু বৰ্তমান আটাইতকৈ চৰ্চিত প্ৰশ্নটো হৈছে, মানুহ নামৰ প্ৰজাতিটোৰ ভৱিষ্যত কোন দিশে? তথ্যমতে প্ৰত্যেক দিনাই পৃথিৱীৰ পৰা কমেও তিনিটা প্ৰজাতিৰ জীৱ বিলুপ্ত হ'বলৈ ধৰিছে। মানুহো বিজ্ঞানৰ ভাষাত এটা প্ৰজাতি। তেনেহ'লে এদিন এই প্ৰজাতিৰো বিলুপ্তি সম্ভৱ নেকি?
এই প্ৰশ্নৰ চৰ্চালৈ যোৱাৰ আগতে অন্য দুটি প্ৰসঙ্গ উল্লেখ কৰিব খুজিছোঁ। আমি সকলোৱে জানো যে মানুহেই হৈছে জীৱশ্ৰেষ্ঠ প্ৰাণী। কাৰণ মানুহৰ চিন্তা কৰিব পৰা ক্ষমতা আছে আৰু সেই চিন্তাক বাস্তৱত প্ৰয়োগ কৰি মানুহে উন্নতিৰ জখলাত বগাব পাৰে। মানুহেই একমাত্ৰ এনে প্ৰাণী যি প্ৰকৃতিৰ উপদানসমূহক ব্যৱহাৰ কৰি নিজৰ জীৱন প্ৰণালী উন্নতি কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দোহাই দি, আধুনিকতাৰ নামত আমি ডাঙৰ ডাঙৰ চহৰত বাস কৰিবলৈ লৈছো,ফলত এই চহৰবোৰত যিমানেই মানুহৰ সংখ্যা বাঢ়িছে সিমানেই ইয়াৰ পৰিসৰো বাঢ়িছে । গছ গছনি কাটি তহিলং কৰি মানুহে নিজৰ ঘৰ সাজিছে।আকৌ আমি উন্নত দেশৰ নাগৰিক বাবে আমাক উন্নত মানৰ যাতায়তৰ প্ৰয়োজন হৈছে, বৃহৎ আলি নিৰ্মাণৰ নামত আমিয়ে কোটি কোটি গছ নিমিষতে কাটি লণ্ডভণ্ড কৰিছো। ওচৰৰ যি দুই এখন হাবি আছে তাত থকা বন্যপ্ৰাণীৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি নিতৌ তাৰ মাজৰ প্ৰাকৃতিক সম্পদসমূহৰ অবৈধ বেহা আৰম্ভ কৰি, এই বেহাত ৰক্ষক হৈ ভক্ষকৰ ভূমিকা আমিয়ে গ্ৰহণ কৰিছোঁ।আমিয়ে নিজৰ সৰ্বসুখৰ বাবে প্ৰকৃতিক নিৰ্মমভাবে অনিষ্ট কৰিছোঁ।জোখতকৈ বেছিকৈয়ে প্ৰকৃতিৰ বুকুৰ সম্পদ সমূহক জোৰ জবৰদস্ত কৰি হ'লেও মানৱৰ উন্নতিত প্ৰয়োগ কৰিছো। এইদৰে লাহে লাহে বন্যপ্ৰাণীসমূহৰ বাসস্থান আৰু খাদ্য আমি কাঢ়ি লৈছো আৰু এটি এটিকৈ সেই প্ৰাণীসমূহে মৃত্যুৰ মুখলৈ ঠেলি দিছোঁ।
তথ্যমতে ১৯৭০ চনৰ পৰা ২০২০ চনৰ ভিতৰত পৃথিৱীৰ পৰা ৬৮ শতাংশ বন্যপ্ৰাণী বিলুপ্ত হৈছে। এই বন্যপ্ৰাণীসমূহৰ বিলুপ্তিৰ একমাত্ৰ কাৰণ মানুহৰ কুকৰ্ম।
এইখিনিতে আমি এটা কথা পাহৰি গ'লে নহ'ব যে বিভিন্ন প্ৰজাতিৰ মাছ, চৰাই, সৰিসৃপ প্ৰাণী, স্তন্যপায়ী আদিৰ সংখ্যা কমি যোৱাৰ ফলত বিভিন্ন মহামাৰীৰ সৃষ্টি কৰিব পৰা বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ বা অন্য অনুজীৱৰ প্ৰভাৱ দিনক দিনে বাঢ়ি আহিছে। কিয়নো বিলুপ্ত হোৱা প্ৰাণীসমূহে বহুতো আনুজীৱক মানুহৰ শৰীৰলৈ অহাত বাধা দিছিল। ইয়াৰ অৰ্থ এয়াই যে বন্যপ্ৰাণীসমূহৰ নিধন কৰি আমি প্ৰকৃততে নিজৰেই বিপদ চপাই লৈছোঁ। অলপতে প্ৰকাশিত এক তথ্যমতে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ চীনত থলুৱা মাছৰ প্ৰায় ৯৭ শতাংশ প্ৰজাতি বিলুপ্ত হৈছে। ভাৰতবৰ্ষতো একেদৰে বহু প্ৰজাতিৰ মাছ প্ৰকৃতিৰ পৰা হেৰাই গৈছে।
প্ৰকৃতিয়েই হৈছে প্ৰাণীৰ জীয়াই থকাৰ একমাত্ৰ ভৰসা। যিদৰে প্ৰাণীয়ে এৰা কাৰ্বন ডাই অক্সাইড লৈ উদ্ভিদ জীয়াই থাকে একেদৰে উদ্ভিদে এৰা অক্সিজেন লৈ প্ৰাণী জীয়াই থাকে। ইয়াৰ অৰ্থ, চিৰসেউজ প্ৰকৃতিক ধ্বংস কৰা মানে প্ৰাণীয়ে নিজেই নিজৰ ভৰিত কুঠাৰ মৰা।
কেইদিনমান আগতে ম'বাইলত এটা ভিডিঅ চোৱাৰ সৌভাগ্য হৈছিল। এটা পৰিয়াল, ছোৱালীজনীৰ সেইদিনা পৰীক্ষা আছে। আটাইয়ে ডাইনীং টেবুলত বহি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ লৈছে। আটাইৰে মুখত অক্সিজেনৰ একোখন মুখা, পিছফালে অক্সিজেনৰ এটা চিলিণ্ডাৰ। ছোৱালীজনীয়ে কৈছে, তাই পৰীক্ষা দিবই লাগিব আজি। মাক আৰু দেউতাকে কৈছে যে তাইৰ অক্সিজেনৰ চিলিণ্ডাৰটো শেষ হোৱাৰ সময় হৈছে। হঠাতে শেষ হ'লে কি হ'ব। ককায়েকে কৈছে, চিলিণ্ডাৰটো আজিয়েই পাবহি। কুৰিয়াৰৰ ল'ৰাজনে দি থৈ যাব, কিন্তু হয়তো সন্ধিয়ালৈহে আহিব। তেতিয়া ছোৱালীজনীয়ে কান্দিছে আৰু দৰ্শকৰ ফালে চাই কৈছে, "এয়া আপোনালোকৰেই কৰ্মফল আমি ভুগিছো। এসময়ত পৃথিৱীখন গছ-গছনিৰে ভৰপূৰ আছিল, পৰ্যাপ্ত পৰিমানে অক্সিজেন প্ৰকৃতিয়ে দিছিল। কিন্তু আপোনালোকেই নিজৰ স্বাৰ্থৰ বাবে গছ গছনি কাটি তহিলং কৰিলে আৰু এতিয়া আমি কৃত্ৰিমভাৱে তৈয়াৰী অক্সিজেন লৈ জীয়াই থাকিবলগীয়া হৈছে।" তাই কোৱা কথাখিনি চিন্তণীয় নহয়নে?
আমাৰ গাঁৱত এজোপা বৃহৎ আমগছ আছিল। সেই গছজোপা আমাৰ শৈশৱৰ বন্ধু আছিল। প্ৰতিবছৰে গছজোপাই আমাক পকা পকা মিঠা আমৰ সোৱাদ দিছিল, গৰমত গছজোপাৰ তলতেই আমি ঢাৰি পাৰি জিৰণি লৈছিলো, ককা আইতাৰ মুখৰ পৰা তাতেই সাধু শুনিছিলোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল, ঘৰত ডাঙৰ সকলে কিবা কথাত পিটিব খুজিলে সেই আমগছজোপাত উঠিয়েই ডালত শুই লুকাইছিলোঁ। আজি কেইবছৰমান আগতে খবৰ পালো যে সেই গছজোপা আৰু নাই। গৃহস্থই ঘৰ বনোৱাৰ স্বাৰ্থত কাটিলে। এই খবৰটোৱে মনত দুখ দিলে। গছজোপাই অকণো প্ৰতিবাদ নকৰাকৈ নিৰৱে মৃত্যুবৰণ কৰিলে।
প্ৰকৃতিয়ে এইদৰেই কাৰো একো ক্ষতি নকৰাকৈ নিজৰ কৰ্তব্য পালন কৰি যায়। কিন্তু কিমান দিনলৈ? যদি মানুহে নিতৌ প্ৰকৃতিৰ ক্ষতি সাধন কৰি থাকে তেন্তে এসময়ত মানুহে প্ৰাকৃতিক বিপৰ্যয়সমূহৰ লগত মুখামুখি হ'ব পাৰিবনে? চকুৰে মনিব নোৱৰা এটা মাত্ৰ ভাইৰাছেই আজি সমগ্ৰ মানৱ জাতিৰ জীৱন কিদৰে নিমিষতে বিপদাপন্ন কৰি তুলিলে আমি সকলোৱে দেখিছো। ইয়াৰ পাছতো আমি বুজিবলৈ কিবা বাকী আছেনে? বানপানী, ধুমুহা, শিলাবৃষ্টি, আগ্নেয়গিৰি, ভূমিকম্প, মহামাৰী আদিৰ সন্মুখত জীৱ শ্ৰেষ্ঠ মানুহ তেনেই অসহায় প্ৰাণী।আমি প্ৰকৃতিৰ লগত ফেৰ মাৰিব পৰাকৈ সক্ষম নহয়ে।বৰঞ্চ আমি প্ৰকৃতিৰ কোলাত জীৱন যাপন কৰিব পৰা এটা প্ৰজাতিহে। তেন্তে আহকচোন, আমি প্ৰকৃততে জীৱশ্ৰেষ্ঠ হওঁ। ঈশ্বৰে প্ৰকৃতিক ৰক্ষা কৰাৰ দায়িত্ব মানুহকেই দিছে। সেয়ে আমি প্ৰকৃতিক ৰক্ষা কৰি সমগ্ৰ বিশ্বৰ জীৱকুলক ৰক্ষা কৰোঁ।আমি আমাক ৰক্ষা কৰোঁ।
হেমেন নাথ
সম্পাদক
(9678696861)
অঙ্গন, পষেকীয়া ই-আলোচনী
পৃষ্ঠাঃ ৬
প্ৰৱন্ধঃ
কবিৰ কল্পনাত শৰতৰ বন্দনা
মঞ্জুমালা শৰ্মা ভট্টাচাৰ্য
জামুগুৰি
ঋতু আহে ঋতু যায় ৷ প্ৰতিটো ঋতুৱে দি যায় এক সুকীয়া অনুভূতি ৷ ছটা ঋতুৰ ভিতৰত বসন্ত আৰু শৰৎ ঋতুৰ মাদকতাই হয়তো যুগে যুগে মানুহক আপ্লুত কৰি আহিছে ৷ বসন্তই যিদৰে প্ৰকৃতিক অপৰূপ ৰূপেৰে সজাই নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে সেইদৰে শৰৎ ঋতুৰ শান্ত স্নিগ্ধ ৰূপ লাৱণ্যই প্ৰকৃতি জগতৰ পশু পক্ষী আৰু মানৱজাতিক অভিনৱ তৃপ্তি প্ৰদান কৰে৷ বৰষাৰ ঘনঘোৰ মেঘমল্লাৰক আঁতৰাই শুকুলা মেঘৰ পাল তৰি শাৰদ জ্যোৎস্নাৰে উপচাই প্ৰকৃতিক সজাই তোলে অনন্য ৰূপত ৷শৰতৰ মধুময় ৰূপ মাধুৰীয়ে সংগীত জগতত খলকনি তোলাৰ দৰে কবি-সাহিত্যিকৰ কল্পনাৰ পৰশত জীপাল হৈ পৰে শৰতৰ দুগুণ সৌন্দয্য ৷শৰৎ কালৰ পবিত্ৰতা আৰু অভিনৱত্ব দেখি শ্ৰান্ত ক্লান্ত ধ্যানমগ্ন ঋষিৰ মুখত উচ্চাৰিত হৈছিল -"পশ্যেম শাৰদঃ শতম্"৷ য’ত আছে গভীৰ প্ৰজ্ঞা উচ্চ আশা আৰু নিৰ্মল প্ৰশান্তি ৷
শৰৎ কালৰ অনাবিল সৌন্দযৰ্ক প্ৰাচীন কালৰে পৰা কবি-সাহিত্যিকসকলে নিজস্ব ভাৱনাৰে কাব্যৰাজিত অনুপম ভাৱে চিত্ৰিত কৰিছে ৷ ভাৰতীয় কবিয়ে শৰতৰ মনোমোহা সৌন্দয্য উপভোগ কৰি আপোন পাহৰা হৈ পৰিছে ৷কিয়নো ভাৰতীয় প্ৰাণত বাৰিষাৰ ঘনঘোৰ কদযৰ্ৰ অন্তত শৰৎ ঋতু যেন শান্তিৰ অকণি আঁজলি ৷ভট্টিকাব্যৰ দ্বিতীয় সৰ্গত বিবিধ শ্লোকেৰে শৰতৰ বণৰ্না দাঙি ধৰিছে ৷ মহাকবি কালিদাসে শৰতক এক অনন্য অপূ্ৰ্ব্ব ৰূপত চিত্ৰিত কৰিছে 'ঋতুসংহাৰ' আৰু 'মেঘদূত' কাব্যত ৷শৰতৰ মধুৰ আৱেশত তন্ময় হৈ কবিতাৰ মাজেদি প্ৰকাশ কৰিছে শৰতৰ মনোৰম বৰ্ণনা।
"কাশাংশুকা বিকচ পদ্মমনোজ্ঞ বক্তা ৷
সোন্মাদ হংসৰৱনূপূৰ নাদ ৰম্যা৷৷
আপক্ক শালিৰুচিৰা তনু গাত্ৰষষ্ঠি ৷
প্ৰাপ্তা শৰণ্ণ বধূৰিব ৰূপ ৰম্যা৷
কাশৈৰ্মহী শিশিৰ দীধিতিনা ৰজন্যো৷"
শৰতৰ শান্ত স্নিগ্ধ লাস্যময়ী ৰূপে এই ঋতুক সজাই তুলিছে ঋতুৰাণী ৰূপে ৷ঋতুৰ ৰাণী শৰৎ কবিৰ বিশেষকৈ ভাৰতীয় কবিৰ উপভোগৰ বস্তু ৷ অসমীয়া সাহিত্যত শৰৎকালৰ শ্ৰেষ্ঠ বৰ্ণনা দাঙি ধৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 'দশম'ৰ মাজত ৷ শংকৰদেৱৰ ভাষাত "শৰত সমান নাহি সুখকাল হৰে দুখ অনুক্ৰমে"৷ শৰতৰ নিৰ্মল আকাশ,শীতল বায়ু,সুৰভিযুক্ত ফুল এই সকলোবোৰতে পশু-পক্ষী আৰু মানৱ সকলোৱে বিচাৰি পায় জীয়াই থকাৰ প্ৰেৰণা ৷ শৰৎ মলিনতা হৰণ কাৰী ৷স্বচ্ছ পথ প্ৰদৰ্শিনী ৷সেয়ে গুৰুজনাই ক’ব বিচাৰিছে-
"পৃথিৱীৰ সব কৰ্দম গুচিল
ভৈ গ’ল পথ স্বচ্ছল৷
যত জলমানে সব স্বচ্ছ ভৈল
শৰতে হৰিল মল"৷
শৰতৰ মনোৰম বৰ্ণনাৰ মাজেদি শৰৎকালৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰাৰ লগতে শৰতৰ বিতোপন দৃশ্যৰাজিৰ গৰিমা কীৰ্তনৰ লগতে প্ৰতীকি ব্যঞ্জনাৰে ব্যক্ত কৰিছে ভাগৱতী বৈষ্ঞৱ ধৰ্মৰ মহত্ত্ব৷ শৰতে মলিনতা দূৰ কৰি নিৰ্মল আৰু স্বচ্ছ কৰি ৰখাৰ দৰে হৰিনামেও মানুহৰ মনৰ পৰা কুবাসনা আঁতৰাই মন পবিত্ৰ কৰি তোলে ৷
আকাশত শুকুলা মেঘৰ পয়োভৰ দেখি কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰেও শৰতৰ মধুময় পৰিৱেশত আপ্লুত হৈ কবিতাত ৰূপ দিছে শৰতক এগৰাকী স্নিগ্ধা শান্ত সমাহিত লক্ষ্মীৰ ৰূপত
"এসো গো শাৰদ লক্ষ্মী তোমাৰ শুভ্ৰ
মেঘেৰ ৰথে
এসো নিৰ্মল নীল পথে
এসো ধৌত শ্যামল
আলো ঝলোমলো
বনগিৰি পৰ্বতে
এসো মুকুট পৰিয়া শ্বেত শতদলে
শীতল শিশিৰ ঢালা"৷
প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাই শৰতৰ নিয়ৰকণাৰ মাজত সন্ধান পালে নৃত্যৰতা দেৱকন্যাৰ সৰি পৰা মণিধাৰিৰ ৷ কুঁৱলীৰ অৱগুণ্ঠনেৰে ঢাক খোৱা মনোৰমা প্ৰকৃতি,দূবৰি দলিচাত মুখ গুজি ৰোৱা শেৱালী,শেৱালীৰ অশ্ৰু স্বৰূপ নিয়ৰ টোপাল আদি সকলো শাৰদী উপচাৰেৰে জোনাকী যুগৰ কবিসকলৰ কলমেদি চিত্ৰিত হ’ল শৰতৰ প্ৰতিচ্ছবি ৷
প্ৰকৃতিৰ ৰূপে ৰসে ভৰা জগতৰ বিচিত্ৰ সম্ভেদ পাই উতলা হোৱা বিহগীকবি ৰঘুনাথ চৌধাৰী কবিতাত শৰতৰ বৰ্ণনা অতি সৌন্দযৰ্ময় ৷পখীৰ মাতেদি আহে শৰৎ ৷সেই শৰতৰ সৌন্দযৰ্ৰ চমক দেখি কবিয়ে দহিকতৰা চৰাইটোক কৈছে
"পুষ্পবৃষ্টি হ’ল তোৰ পৰশমণিত
নিজম ঘাহঁনিডৰা
পানী পিয়লীৰে ভৰা"৷
শৰৎ অবিহনে ৰঘুনাথ চৌধাৰীদেৱৰ বশিষ্ঠাশ্ৰমৰ জেউতিও নিষ্প্ৰভ৷ কবিয়ে বশিষ্ঠাশ্ৰমৰ জেউতি উপভোগ কৰিছে শৰৎকালৰ জোনৰ পোহৰত৷
"শৰতৰ ক্ষীণ জ্যোতি পুঁৱতি জোনৰ
বিৰিঙে যেতিয়া আহি ফুলৰ থোপাত ৷"
পৃষ্ঠাঃ ৭
অভিমানী বিষাদেৰে ভৰা আলসুৱা অন্তৰৰ 'বনফুল'ৰ কবি যতীন্দ্ৰনাথ দুৱৰা,জুইৰ ফিৰিঙতিৰে কবিতা ৰচনা কৰা অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাটো শৰতৰ কোমলতাৰ সন্ধান পোৱা গৈছে কবিতাৰ ছন্দে ছন্দে ৷ কলংপৰীয়া কবি দেৱকান্ত বৰুৱা,শৈলধৰ ৰাজখোৱা,চন্দ্ৰধৰ বৰুৱা আদিয়েও শৰতৰ ৰূপত মগ্ন হৈ কবিতাত ৰূপ দিছে শৰতক ৷
অসমীয়া গীতি সাহিত্যৰ ইতিহাসত এজন বিশিষ্ট গীতিকাৰ ৰূপে চিৰ পৰিচিত পাৰ্বতীপ্ৰসাদ বৰুৱাৰ কবিতাত শৰৎ বন্দনা অতি সুন্দৰ ভাৱে প্ৰকাশ পাইছে ৷ ভগা টোকাৰীত সুৰৰ গুঞ্জন তোলা এইজনা কবিৰ কবিতাত শৰৎ বন্দনা অতি চমকপ্ৰদ
"শাৰদী সন্ধিয়া জোনাকী মেল
নিৰলা জীৱনৰ ক্ষণিক খেল
তপনে আনে দিন
জোকাৰি বায় বীণ
কৰমী সুৰ হে কৰমী সুৰ"৷
গীতিকবিৰ কবিতাত শৰতে এক সুকীয়া আসন লাভ কৰিছে ৷ নিপুণ চিত্ৰকৰৰ দৰে চিত্ৰকল্প প্ৰয়োগ কৰা কবিয়ে নীলিমাৰ ৰূপ সাগৰত বুৰ যোৱা নয়নেৰে দেখা পায় শাৰদী সৌন্দৰ্যৰ মহামেলা ৷কবিতাৰ মাজেদি শৰতৰ সৌন্দৰ্য্য দাঙি ধৰা এইজনা কবি যেন অসমীয়া কালিদাস৷
"ডাৱৰ আঁতৰি নীলা মুকলি হ’ল
ধৰাৰ আন্ধাৰো আঁতৰি গ’ল
অ’ শেৱালী তুমি জাগা জাগা
শাৰদী আহিল"৷
শৰৎ মঙ্গলময় শৰৎ বাৰ্তাবাহক ৷ শৰতৰ উজ্জ্বলতাৰে নৰ ৰূপী দেৱতাৰ মুখ মণ্ডল জিলিকি উঠাৰ কামনা কৰিছে ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱাই
"তোৰ আগমনে আহক শান্তি
পশু শকতিৰ গুচক ভ্ৰান্তি
উঠক উজ্বলি মুখৰ কান্তি
নৰ ৰূপী দেৱতাৰ"৷
শৰতৰ অনাবিল সৌন্দৰ্যক কাব্যত প্ৰাণ দিয়া এই কবিসকলৰ উপৰিও ধৰ্মেশ্বৰী দেৱী বৰুৱানী,নিৰ্মলপ্ৰভা বৰদলৈ,কেশৱ মহন্ত,হীৰেণ ভট্টাচাৰ্য আদিৰ কবিতাতো শৰতৰ মনোমোহা চিত্ৰৰ প্ৰকাশ ঘটিছে ৷ পাশ্চাত্যৰ কবি কীট্ চে কৈছিল "Beauty is truth, truth is beauty". যদি সেয়ে হয় তেন্তে ই শৰতৰ ক্ষেত্ৰতে প্ৰযোজ্য ৷ শৰতৰ সত্যতা আৰু সৌন্দৰ্য অভিন্ন ৷ শৰৎ যেনে সত্য তাৰ সৌন্দৰ্যও সিমানেই গভীৰ ৷
শৰৎ চিৰন্তন আৰু শাশ্বত ৷ প্ৰতি বছৰে শৰৎ আহে আৰু যায় ৷শৰতে দি যায় কবিৰ মনত ৰূপ সৌন্দৰ্যৰ অপৰূপ স্মৃতি ৷কবিয়ে কাব্যৰ জৰিয়তে ৰূপ-গুণৰ বৰ্ণনা কৰে ৷
শৰৎ কেৱল মানৱৰে প্ৰিয় নহয়৷ ই ভগৱানৰো অতি আদৰৰ ৷ শৰতৰ বিতোপন চন্দ্ৰাৱলী ৰাতিতে যমুনাৰ পাৰত ভগৱান শ্ৰী কৃষ্ণই বাঁহীত সুৰৰ ঝঙ্কাৰ তুলিছিল ৷ শৰতৰ ৰূপোৱালি জোনাকৰ বুকুত কদমৰ তলত গোপীসৱৰ লগত ৰাসক্ৰীড়াত মগ্ন হৈছিল ৷ তাৰ সুন্দৰ বৰ্ণনা পোৱা যায় ভাগৱত পুৰাণৰ দশম স্কন্ধত ৷ জোনৰ জ্যোৎস্না হ’ল জ্ঞান ৷ জ্ঞান হৈছে পোহৰ ৷
কৃষ্ণ পৰমাত্মা,গোপী জীৱাত্মা ৷যেতিয়া শৰতৰ স্নিগ্ধ জোনাকৰ দৰে জ্ঞানৰ পোহৰে জীৱাত্মাক স্পৰ্শ কৰে তেতিয়াই নৃত্য ছন্দেৰে জীৱাত্মা পৰমাত্মাৰ প্ৰতি আকৃষ্ট হয় ৷ সেয়েহে শৰৎ ঋতুৰ আগমন সকলোৰে কাম্য ৷ শৰতৰ মধুময় সৌন্দৰ্যত চাঞ্চল্য নাই, উন্মাদনা নাই ৷আছে মাথো শান্তি আৰু গাম্ভীৰ্যতা ৷ এই শৰতে সকলোলৈকে কঢ়িয়াই আনে অফুৰন্ত আশা আৰু প্ৰাণ সন্জীৱনী ৷ সেয়ে হয়তো কবি -সাহিত্যিকৰ কলমেৰে যুগে যুগে শৰতক অপূৰ্ব্ব ৰূপ সমাহাৰেৰে চিত্ৰিত কৰি তুলিছে চিৰ শাশ্বত ৰূপত ৷ ◼️
পৃষ্ঠাঃ ৮
প্ৰৱন্ধঃ
আত্মসচেতন
প্ৰিয়াংকুদীপ শৰ্মা
অষ্টম শ্ৰেণী
বনাই উচ্চ মাধ্যমিক বিদ্যালয়, টীয়ক, যোৰহাট
“ৰাজ্যত ক'ৰনাৰ গণসংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাইছে……।”
“বিশ্বত ক’ৰনা আক্ৰান্তৰ সংখ্যাই কোটিৰো ঘৰ অতিক্ৰম কৰিলে…..।”
“ভাৰতত এদিনতে ৯৭,০০০ মানুহ আক্ৰান্ত হৈছে এই ক'ৰনা মহামাৰীত।”–––এনেদৰেই টিভিৰ পৰ্দাত ডাঙৰ ডাঙৰ আখৰেৰে জিলিকি থকা বাতৰি বিলাক চাই আৰু শুনি ইচ্-ইচাই থকা ৰাজুক মাকে ভিতৰৰ পৰা চিঞঁৰিলে–––
মাক-“ঐ ৰাজু অকল টিভিটোকে মেলি দিনৰ দিনটো নিউজ চেনেলকেইটাকে চাই চাই ইচ্ ইচাই থকা স্বভাৱটো তোৰ নগ'ল আৰু দেই……।”
ৰাজুৱে মাকৰ কথাকেইষাৰ শুনি টপৰাই উত্তৰ দি ক'লে-––––“মা তুমি কি বুজিবা দেশৰ পৰিস্থিতি । দিনে দিনে আৰু অধিক ভয়ানক ৰূপহে লৈছে ক'ৰনাই। আজি শুনিবা ১০,০০০ কালিলৈ শুনিবা ২০,০০০ হাজাৰ পৰখিলৈ আকৌ ৩০,০০০ নতুনকৈ আক্ৰান্ত হৈয়ে আছে দৈনিক হাজাৰ হাজাৰ জন মৃত্যু মুখত পৰিছে। এই ক'ৰনা শেষ নহ’বই নেকি? আমি সঁচাকৈয়ে মৰিব লাগিব নেকি?”
আগফালে ৰুমটোত বাতৰি কাকত খন হাতত লৈ পঢ়ি থকা ৰাজুৰ দেউতাকে তাৰ কথাবিলাক শুনি তাক বুজোৱাৰ সুৰেৰে ক'লে-–––––“তহঁতে ভূল বুজিছ্। ক’ৰনা মানেই মৃত্যু নহয়। যদিও দৈনিক লাখ লাখ মানুহ আক্ৰান্ত হৈছে এই মহামাৰীৰ দ্বাৰা তথাপিও কিন্তু মৃত্যুৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যাই সৰ্বাধিক। গতিকে ক'ৰনাক লৈ অযথা ভয় নকৰিবি।মুঠৰ ওপৰত আত্মসচেতনেই ক'ৰনাৰ সৈতে যুঁজাৰ অমোঘ অস্ত্ৰ।”
“আত্মসচেতন মানে কি দেউতা ?”–––––––ৰাজুৱে বিতংকৈ জানিবলৈ বিচাৰি বাপেক সুধিলে।
দেউতাকে ৰাজুৰ কৌতুহল পূৰ্ণ মনটো দেখি বৰ ভাল পালে আৰু তাক বিৱৰি ক'বলৈ ধৰিলে–––––––––“ তেন্তে শুন! আত্মসচেতন মানে নিজে নিজক সচেতন কৰি ৰখাৰ কথাটোকে বুজায়। বৰ্তমান পৰিস্থিতিত ক'ভিদ-১৯ৰ বাবে লবলগীয়া সাৱধানতা সমূহ মানি চলি নিজে সচেতন হৈ আনকো সচেতন কৰি তোলাটোকে আত্মসচেতন বোলে। বুইছ্। এতিয়া ধৰ্ আজি আমাক চৰকাৰে কৈছে যে বাৰে বাৰে হাত ধুই থাকিব লাগে, সামাজিক ব্যৱধান মানি চলিব লাগে,মাক্স পিন্ধি থাকিব লাগে, অপ্ৰয়োজনত ঘৰৰ বাহিৰ হ’ব নালাগে। আদিবোৰ যদি আমি মানি চলোঁ আৰু নিজৰ লগতে আনকো মানি চলিবলৈ কওঁ তেতিয়া তাকেই টো আত্মসচেতন হৈ থকা বুলি ক'ম। গতিকে আমি যদি আত্মসচেতন হৈ থাকোঁ তেন্তে নিশ্বয় ক'ৰনাক হৰুৱাব পাৰিম ! বুজিলিনে?”
ইমান পৰে দেউতাকৰ কথাকেইষাৰ অতি মনোযোগেৰে শুনি থকা ৰাজুৱে দেউতাকক ক'লে––––––––“বুজিলোঁ দেউতা ভালদৰে বুজিলোঁ। মই আজিৰে পৰা আত্মসচেতন হ’ম। সকলো ক্ষেত্ৰতে নিজৰ লগতে আনকো আত্মসচেতন কৰি তুলিম!”
পৃষ্ঠাঃ ৯
এদিনাখনৰ কথা,বাটেৰে গৈ থকা মানুহ কেইজনমানৰ কিছুমান কাৰুকাণ্ডই ৰাজুক সচকিত কৰি তুলিলে। চাৰিওদিশে এটা নিস্তব্ধ পৰিৱেশ। সকলোৱে চৰকাৰী নিৰ্দেশনা মানি বিনা কাৰণত ঘৰৰ বাহিৰ হোৱা নাই। ৰাস্তাটো একেবাৰে নিস্তব্ধ হৈ আছে দুই এজন লোকে চলা ফিৰা কৰিছে যদিও সকলোৱে চৰকাৰী নিৰ্দেশনা মানি চলিছে। এনেতে এটা ডাঙৰ শব্দৰ সৃষ্টি কৰি এখন বাইক প্ৰচণ্ড গতিৰে আহি আছে। বাইকখনত তিনিজন ল'ৰা গাত ধৰা ধৰিকৈ আহি আছে। তেওঁলোকে সামাজিক ব্যৱধানটো দূৰৰে কথা মুখত মাৰ্ক্স এখনো মাৰি অহা নাছিল।তাতোতকৈও ডাঙৰ কথাটো হ’ল যে মানুহকেইজনৰ থু-খেঁকাৰ আৰু তামোলৰ পিকেৰে গোটেই ৰাস্তাটো ৰাঙলী হৈ আছিল। ৰাজুৱে মানুহ কেইজনৰ কাম দেখি ৰৈ থাকিব আৰু নোৱাৰিলে সি মানুহকেইজনৰ ফালে আগুৱাই গ’ল আৰু মানুহ কেইজনৰ পৰা কিছু নিলগত ৰৈ ক'বলৈ ধৰিলে––––––––“কি কৰিছে? কি কৰিছে? আপোনালোক কিয় ইমান অসচেতন? নিজৰ লগতে আনকো বিপদত পেলাব খোজিছে কিয়?”
ৰাজুৰ কথাকেইষাৰ শুনি মানুহ কেইজন আচৰিত হ’ল আৰু সুধিলে–––––––“ঐ পুৱালী তই কোন অ’? আমাক এনেকৈ ক'বলৈ আহিছ যে ? ডাঙৰক কেনেকৈ কথা ক’ব লাগে তই নাজান্ নেকি?”
ৰাজুৱে এইবাৰ তেওঁলোকক অলপ গহীন ভাৱে ক'লে––––“আপোনালোক কোন মই নাজানো। আপোনালোকক কেনেদৰে ক’ব লাগে সেইটোও নাজানোঁ। মুঠতে মই এটা কথাই জানো যে মই যি কৈছোঁ, ঠিকেই কৈছোঁ। আপোনালোকক সচেতন কৰাটো আমাৰ দায়িত্ব।”–––––––– “কিহৰ দায়িত্বৰ কথা ক’বলৈ আহিছ্ ?” মানুহ কেইজনে ৰাজুক ওলোটাই সুধিলে। ৰাজুৱে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দি ক'লে––“বৰ্তমান সমগ্ৰ বিশ্বতে ক’ৰনাই ত্ৰাসৰ সৃষ্টি কৰিছে।চৰকাৰ/প্ৰশাসন আৰু চিকিৎসা কৰ্মী সকলে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি আনৰ জীৱন ৰক্ষাৰ বাবে অবিৰাম যুঁজি আছে। দিন-ৰাতি একাকাৰ কৰি জনতাৰ প্ৰহৰী স্বৰূপ আৰক্ষী সকলে নিজৰ পৰিয়ালক এৰি জনসাধাৰণৰ সেৱাত ব্ৰতী হৈ আছে। তেওঁলোকোটো আমাৰ দৰেই মানুহ। তথাপিও তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি ক’ৰনাৰ বিপক্ষে যুঁজিয়েই আছে। আপোনালোকৰ দৰে এচাম অবিবেচকী,হৃদয়হীন লোকৰ বাবে আজি দৈনিক লাখ লাখ মানুহ ক'ৰনাত আক্ৰান্ত হৈছে আৰু মৃত্যু মুখত পৰিছে। নিতৌ চৰকাৰ প্ৰশাসন আৰু চিকিৎসকে ক'ৰনাৰ সৈতে সহাৱস্থান কৰিবলৈ যিখিনি নীতি নিৰ্দেশনা মানি চলিবলৈ কৈছে সেয়াওঁ যদি আপোনালোকৰ দৰে অসচেতন লোকসকলে অবজ্ঞা কৰি ভাল পাইছে তেন্তে মানৱীয়তা বুলিবলৈ কিবা থাকিলেনে?”
“আপোনালোকে আজি ৰাস্তাই ঘাটে পিক পেলাইছে,গাত লগা লগিকৈ ঘুৰি ফুৰিছে, মাৰ্ক্স পিন্ধা টো দুৰৰে কথা; এনে বিলাক কৰ্মকাণ্ডই সমাজত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে এবাৰ ভাৱি চাওকচোন? আহকচোন আমি সকলোৱে মিলি চৰকাৰী নিৰ্দেশনা মানি চলি ক'ৰনা মহামাৰীৰ বিপক্ষে যুঁজাত অকণমান হ'লেও অৰিহণা যোগাও!”
ৰাজুৰ কথাকেইষাৰ শুনি মানুহ কেইজন নিমাত হ’ল। ৰাজুৰ কথাকেইষাৰে তেওঁলোকৰ চিন্তা ধাৰা পৰিৱৰ্তন ঘটালে। তেওঁলোকে ৰাজুক প্ৰশংসা কৰি ক'লে–––––“ভাইতী আমাক ক্ষমা কৰি দিয়া। আমি বৰ ডাঙৰ ভূল কৰিছোঁ। পিছে আজিৰে পৰা আমি তোমাক পণ দিলোঁ আমি আৰু কেতিয়াও ক'ৰনাৰ বাবে লবলগীয়া সাৱধানতা সমূহ অৱজ্ঞা নকৰোঁ। আমি আজিৰে পৰা আত্মসচেতন হ’ম আৰু আনকো ক'ৰনাৰ বাবে লবলগীয়া প্ৰতিটো সাৱধানতা মানি চলি সদায় আত্মসচেতন হৈ থাকিবলৈ ক'ম। কাৰণ বৰ্তমান সময়ত আত্মসচেতনেই হ'ল ক'ৰনাৰ সৈতে যুঁজাৰ একমাত্ৰ উপায়।”
আত্মসচেতন হওক, সজাগ হওঁক আৰু ক'ৰনাৰ সৈতে সহাৱস্থান কৰক।
পৃষ্ঠাঃ ১০
প্ৰৱন্ধঃ
বিশ্ব নিৰ্মাতা বিশ্ব কর্মাৰ পূজা
অণিমা বৰঠাকুৰ
যোৰহাট, চাৰিগাওঁ
ফোন:৮৮৭৬৫৭৫৫৬০
ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ।বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বাসস্থান ভাৰত বৰ্ষত প্ৰত্যেক ধৰ্মৰে আছে নিজা কিছুমান ধৰ্মীয় অনুষ্ঠান।আৰু এই অনুষ্ঠান বোৰ পালন কৰা হয় কিছুমান নিদিষ্ট তিথিত।কিন্তু এই বিশ্ব নিৰ্মাতা বিশ্ব কৰ্মাৰ পূজা পতা হয় ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনা।মানৱ সমাজত প্ৰচলিত এক ধাৰণা মতে শ্ৰী শ্ৰী বিশ্বকৰ্মাদেৱতা জন্ম হৈছিল এই দিনটোতে।ভাৰতীয় হিন্দু দৰ্শনৰ মতে বিশ্বকৰ্মা এজন সুনিপন শিল্পী। হিন্দু শাস্ত্ৰসমূহৰ মতে দেৱশিল্পী বিশ্বকৰ্মাৰ জন্ম হৈছিল অষ্টমবসু প্ৰভাসৰ ঔৰস আৰু দেৱগুৰু বৃহস্পতিৰ ভাগিনি ব্ৰহ্মাদিনি যোগাসক্তাৰ গৰ্ভত। অৱশ্যে বিশ্বকৰ্মাৰ জন্মৰ ক্ষেত্ৰত কিছু মতভেদ দেখা যায়।হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতা সকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। চৌষষ্ঠী ক'লাৰ অধিকাৰী এজন সুনিপুন শিল্পী বিশ্বকৰ্মা চতুৰ্ভুজৰূপত বিৰাজমান। আৰু তেওঁৰ এই চাৰিখন হাতত থাকে তুলাচনি,হাতুৰীৰ লগতে অন্যান্য শিল্পৰ সঁজুলি। ভাৰতবৰ্ষত দুটা ৰূপত বিশ্বকৰ্মাক পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ পূজা কৰা হয় আৰু সেই পূজাৰ বিশ্বকৰ্মাৰ বাহন হয় ৰাজহাঁহ।পূব ভাৰতত ডেকা ৰূপত বিশ্বকৰ্মাক যি পূজা কৰা হয় তাত বিশ্বকৰ্মাৰ বাহন হয় হাতী।কিছুমান অঞ্চলত আকৌ অক্টোবৰ ,নৱেম্বৰ মাহত অৰ্থাৎ দীপান্দিতাৰ এদিনৰ পাছতে গোবৰ্ধন পূজাৰ
সৈতে বিশ্বকৰ্মাক পূজা কৰা হয়। বায়ু পুৰাণৰ মতে ভক্ত প্ৰহ্লাদৰ কন্যা বীৰোচনাৰ সৈতে বিশ্বকৰ্মাৰ বিবাহ হয়। আৰু তেওঁলোকৰ সন্তান হ'ল – মনু , মায়া, তুষ্টা, বিশ্বজনা, শিল্পী, সৰৰ্ণ্যু, তেওঁৰ ছাঁ- ছায়া। দেৱতা সকলৰ নিৰ্মাতা,বিশ্বৰ নিৰ্মাতা বিশ্বকৰ্মাই শ্ৰীকৃষ্ণৰ নিৰ্দেশত এৰাতিৰ ভিতৰতে গঢ়ি তুলিছিল দ্বাৰকা নগৰী, য'ত নেকি মহাভাৰতৰ যুদ্ধৰ সময়ত দ্বাৰকাত শ্ৰীকৃষ্ণই কৰ্মভূমি হিচাপে থাকিবলৈ লৈছিল। এই তীৰ্থস্থান গুজৰাটত এতিয়াও বিদ্যামান। জন প্ৰবাদ অনুসৰি অসমৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ,হাজোৰ ঐতিহ্যমণ্ডিত কেদাৰ মন্দিৰ দেৱালয় আদি বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল বুলি জনা যায়।লংকা নগৰী নিৰ্মাণ কৰিছিল বিশ্বকৰ্মাই। বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল,কুবেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ ব্ৰজ,কাৰ্তিকৰ শক্তি, আৰু শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ জগনাথ মূৰ্তিও নিৰ্মান কৰিছিল বিশ্ব খনিকৰজনে। শ্ৰী শ্ৰী চণ্ডীত উল্লেখ থকা মতে মহিশাসুৰক বধ কৰা বাবে দেৱীক তীক্ষ্ণ সকলো সা-সঁজুলি বিশ্বকৰ্মাই প্ৰদান কৰিছিল। ভাৰতীয় পৰম্পৰাত বিশ্বকৰ্মা এজন দেৱতাৰ লগতে পূজা-বন্দনাৰ যোগ্য হয়। এই পূজা দুই ধৰণে পতা হয়,কিছু অঞ্চলত মৃন্ময় মূৰ্তি স্থাপন কৰা হয় আৰু পূজাৰ বিধি সহ ধূপ, ধুনা আৰু নবেদ্য আগবঢ়ায় কৰা হয়।আৰু কিছু অঞ্চলত ভক্তি ভাৱে নাম প্ৰসংগ কৰি তেওঁক পূজা কৰা দেখা পোৱা যায়। চহৰে নগৰে,বিভিন্ন কৰ্ম স্থানত,চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ লগতে কিছু লোকে ঘৰুৱা ভাৱেও বিশ্বকৰ্মাৰ পূজা আয়োজন কৰা দেখা পোৱা যায়।কিছু কিছু অঞ্চলত এই পূজাৰ দিনা সাংস্কৃতিক অনুষ্ঠান আৰু ভাওনা সবাহৰ আয়োজন কৰা দেখিবলৈ পোৱা যায়।এই পূজা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত পতা হয় আৰু অসমতো এই পূজা উলহ মালহেৰে উৎযাপন কৰা হয়।হিন্দুৰ স্থাপত্য দেৱতা বিশ্বকৰ্মাৰ সন্তুষ্টি লাভৰ বাবে এই পূজা পতা হয় বুলি বিশ্বাস আছে। কিন্তু এবছৰ সমগ্ৰ বিশ্বতে মহামাৰী কৰুণা প্ৰাদুৰ্ভাবৰ ফলত পূৰ্বৰ দৰে পুজাভাগ যদিও আয়োজন কৰাৰ পৰা ৰাইজ বঞ্চিত হব তথাপিও কৰিব লগা
পূজাৰ বিধি আৰু চৰকাৰী নিয়মৰ মাজেৰে পূজা ভাগ কৰা হব অঞ্চলভেদে।বিশ্বকৰ্মালৈ প্ৰণাম জনালোঁ এই মন্তৰে – দেৱশিল্পী মহাভাগে দেৱানাং, কাজ্যসাধক বিশ্বকৰ্মন্ন মষ্টুভ্যং সৰ্বাভিষ্ট প্ৰদয়ক।।।
০০০০০
বি:দ্ৰ প্ৰবন্ধটি লিখোঁতে সহায় লোৱা হৈছে।
পৃষ্ঠাঃ ১১
ধাৰাবাহিক উপন্যাসঃ
ধুমুহাই ভঙা সপোন
দুৰ্গেশ্বৰ শইকীয়া
মাজুলী
(যোৱা সংখ্যাৰ পৰা)
(ছয়)
গাঁৱৰ তিনি আলিটোৰ পৰা ফুলনি ঘাটলৈ যোৱা বাছখনত তালি-টোপোলা কেইটা তুলি দিবলৈ আহিছিল স্বপ্নাৰ ভায়েক বিপিন। ফুলনী নিমাতী ফেৰীৰ সময় ন বজাত। চাইকেলখন সি কাষৰে গুমটি দোকান এখনৰ কাষত আঁউজাই থৈ বায়েকক বহিবলৈ বাছখনত চিট এটা ঠিক-ঠাক কৰি দিলেহি। বায়েক দীঘলীয়া সময়ৰ কাৰণে আতঁৰত থাকিব, এই কথাটোকে ভাৱি বেচেৰাৰ মনটো বিষণ্ণ। বায়েকজনীয়ে তাক সময় মতে চাহ কণ দিয়া, পঢ়াৰ তদাৰক কৰাৰ পৰা ধৰি তাৰ ঘৰুৱা কামবোৰ চাই-চিতি দিয়ে। বায়েক যেন তাৰ নিৰ্ভৰযোগ্য বন্ধুও। সেয়ে বায়েক ডিব্ৰুগড়ত পঢ়িবলৈ ওলোৱাৰে পৰা বস্তু-বাহানি যোগাৰ কৰি, কানি-কাপোৰ সামৰি-সুতৰি দি সি কালিৰে পৰা ব্যস্ত হৈ আছে। স্বপ্নাই তাক মৰমেৰে মূৰত হাত বুলাই দি তাই নথকা সময় ছোৱাত সময় মতে পঢ়া-শুনা কৰিবলৈ উপদেশ দিলে। মূৰ দুপিয়াই সি বায়েকৰ কথা শলাগিলে। বাছখন এৰাৰ সময় প্ৰায় হৈছেই। তাৰো গা পা ধুই স্কুললৈ ওলোৱাৰ সময়ো হৈছেহি। ৰখাই থোৱা চাইকেলখন লৈ সি ঘৰলৈ যাবলৈ সাজু হ'ল। স্বপ্নাই হাত জোকাৰি বিপিনক বিদায় দিলে। বিপিনেও স্বপ্নাক হাত জোকাৰি বিদায় দিলে। বাছ ষ্টাৰ্ট হ'ল আৰু দীঘল হৰ্ন মাৰি যাবলৈ সাজু হ'ল।
তেনেতে তিতাদাঁহে মোহন আহি সেইখিনি ওলালহি। লৰালৰিকৈ সি বাছখনৰ স্বপ্না বহি থকা চিটটোৰ খিৰিকী খনৰ কাষতে ৰ'লহি আৰু হাতত লৈ অহা সৰু কাগজৰ পেকেট এটা তাইলৈ আগবঢ়াই দিলে। স্বপ্নাই হাত পাতি পেকেটটো ল'লে। ওপৰত লিখা আছিল ''বিশ্ব বিদ্যালয়ৰ জীৱনলৈ শুভ কামনা''। তাই পেকেটটো লৰালৰিকৈ বেগটোত ভৰাই ল'লে। আৱেগত তাইৰ চকু চলচলীয়া হৈ পৰিল। ওঁঠৰ ভাষাবোৰ হেৰাই যেন চকুত বিলীন হৈ গ'ল। মোহনেও চকুৰ ভাষাৰেই যেন ক'ব লগাবোৰ কৈ পেলালে। বাছে গতি ল'লে। স্বপ্নাই পুনৰ হাত জোকাৰিলে। লগে লগে মোহনেও হাতখন জোকাৰি তাইক বিদায় দিলে। আবেগ বিহ্বল দুটি প্ৰাণে যেন দুৰ্বাৰ গতিৰে উৰা মাৰিলে নিজা নিজা ভাৱ ৰাজ্যলৈ।
ফেৰিখনৰ মহিলাৰ আসন সমুহৰ এমূৰৰ আসন এখনত উদাস ভাৱেৰে বহি ৰ'ল স্বপ্না। ফেৰিয়ে পানী ফালি নিমাতী ঘাট অভিমুখে গতি কৰিছে। বিশাল ব্ৰহ্মপুত্ৰৰ ঢৌ লেখি লেখি ভাৱ সাগৰত অৱগাহন কৰি গৈ আছে তাই। মনৰ পৰ্দাত বাৰে বাৰে যেন ভাঁহি উঠিছে মোহনৰ আৱেগ বিহ্বল মুখৰ প্ৰতিচ্ছবি। বেগৰ পৰা মোহনে দি যোৱা পেকেট টো স্বপ্নাই উলিয়াই ল'লে। ভিতৰত আছিল এটা কলম আৰু এখন সৰু চিঠি। দুৰু দুৰু কৈ কঁপি উঠিল তাইৰ বুকুখন। চিঠিখন খুলি লৈ তাই পঢ়ি গ'ল।
মৰমৰ স্বপ্না,
মৰম ল'বি। বহু প্ৰতীক্ষীত তোৰ উজ্জ্বল ভৱিষ্যতৰ দ্বিতীয়টো ঢাপত উঠাৰ ক্ষণত মোৰ আনন্দাশ্ৰুৰে সিক্ত উমাল শুভেচ্ছা যাচিলোঁ। মোক তই কথা দিছিলি স্বপ্না, তই জীৱনৰ বাটত আগুৱাই যাবি বুলি। কথাষাৰ কিন্তু সদায় মনত ৰাখিবি। তই সুখ্যাতিৰে বিশ্ব বিদ্যালয়ৰ পৰা ওলাই আহিব লাগিব। সেয়ে মোৰ সামৰ্থ্যৰ ভিতৰত তোলৈ কলমটো উপহাৰ দিলো যাতে তই এই জয় যাত্ৰা অব্যাহত ৰাখ। তাৰ বাদেনো আৰু মোৰ দিব পৰা আছেই বা কি? বৃদ্ধা ৰুগীয়া মা জনীক প্ৰতিপাল কৰি, দৰিদ্ৰৰ অভিশাপ মূৰত লৈ যেনে-তেনে ভাত সাঁজৰ যোগাৰ কৰা মানুহ মই। কৈশোৰৰ ৰঙীন স্বপ্ন, বাসনাবোৰ কঠোৰ বাস্তৱৰ ধামখুমিয়াত ক'ৰবাত পলাই ফাট মাৰিলে। গাঁওখনৰ বাবে, সমাজ খনৰ বাবে, অঞ্চলৰ বাবে একোৱেই দিব নোৱাৰিম ছাগে। আৰু সামান্য শিক্ষাৰে দিমেইবা কি? সেয়ে তহঁতে কিবা দিব পাৰিব লাগিব। নিজৰ ভৱিষ্যতৰ লগতে মানুহৰ ভৱিষ্যতৰ কৰিব লগা খিনিও কৰিব লাগিব। মনত ৰাখিবি তহঁতৰ পাছত যাব পৰাকৈ আমি সৈনিক হ'ব পাৰিম। সদায় মনত ৰাখিবি আমাৰ ব্যক্তিগত সুখ, ব্যক্তিগত অনুভূতি বোৰতকৈ আমাৰ নিজৰ সমাজখন বহুত উৰ্দ্ধত। পুনৰ মৰম আৰু শুভেচ্ছা থাকিল।
ইতি
তোৰ মোহন ককাইদেউ
চকুৰ কোণবোৰ সেমেকি উঠিল স্বপ্নাৰ। কাষৰ চিটৰ সহযাত্রী সকলে নেদেখাকৈ লৰা-লৰিকৈ চকুপানী কেইফোটা মচি পেলালে। কলমটো হাতত লৈ লিৰিকি বিদাৰি থাকিল কিছু সময়। আকৌ কলমটো আলফুলে বেগটোত সুমুৱাই থ'লে আৰু পুনৰ উদাস দৃষ্টিৰে চাই ৰ'ল বিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশিলৈ। ব্ৰহ্মপুত্ৰৰ গৰাত পানীৰ ঢৌবোৰ বেগেৰে খুন্দা মাৰি মাৰি মাজলৈ আকৌ উভতি আহিছিল। প্ৰকাণ্ড ফেণীল ঢৌবোৰৰ লগত বিলীন হৈ গৈছিল লাহে লাহে। তাইৰ ভাৱৰ জোঁৱাৰবোৰো মিহলি হৈ গৈছিল যেন অসীমৰ বুকুত।
(আগলৈ)
পৃষ্ঠাঃ ১২
ধাৰাবাহিক উপন্যাসঃ
অনুতপ্ত
বৃষ্টি বৰুৱা
(যোৱা সংখ্যাৰ পিছৰ পৰা)
আসসসসস.......!!! এটা বিকট চিঞৰ মাৰি সিদ্ধান্ত ৰিতিৰ গাতে অচেতন হৈ ঢলি পৰিল। অতৰ্কিতে ঘটি যোৱা ঘটনাটোত ৰিতিয়ে একো ধৰিব নোৱাৰি তাইৰ গাত ঢলি পৰা সিদ্ধান্তক জোৰকৈ খামুচি ধৰিলে। কিন্তু পেশীবহুল সিদ্ধান্তৰ শৰীৰৰ ভৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰি তাই সিদ্ধান্তৰ মূৰটো বুকুৰ মাজত সোমোৱাই মজিয়াতে বহি পৰিল। তাই দেখিলে সিদ্ধান্তৰ পেটৰ বাওঁফালৰ অংশত এটা চোকা কাঁচৰ টুকুৰা সোমাই আছে আৰু সেইফালেদিয়ে হোলোকা হোলোকে তেজ বৈ আহিছে। সিদ্ধান্তৰ তেজে তাই পিন্ধি থকা গাউনটোৰো ভালেখিনিয়ে তিয়াই পেলাইছে। তাই সিদ্ধান্তৰ মুখলৈ চাই জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে...
গুৰুম.....গুৰুম.....আসসসসস.......ম....ৰি....লো.....
লগালগ এসোঁতা গৰম তেজৰ চিটিকণি আহি ৰিতিৰ গালে মুখে পৰিলহি। তাইৰ গাটো যেন জোকাৰ খাই উঠিল.... মূৰটো ঘূৰোৱা যেন লাগিল তাইৰ। তাই অস্পষ্টকৈ দেখিলে তাইৰ পৰা অলপ দূৰৈত তেজ এদোঙাৰ মাজত অনুজ শুই আছে। তাই লাহে লাহে একো নেদেখা হৈ পৰিল, একো ক'ব নোৱাৰা হৈ তাই বহি বহিয়েই সিদ্ধান্তৰ গাৰ ওপৰতে মূৰটো পেলাই দিলে।
প্ৰায় দুঘন্টাৰ মূৰত চেতনা ঘূৰাই পালে ৰিতিয়ে। চেতনা ঘূৰাই পোৱাৰ পিছত নিজক হস্পিতেলৰ বিছনাত পাই পোনপ্ৰথমে আচৰিত হৈছিল তাই। কিন্তু অলপ দেৰি পিছত ঘটি যোৱা সকলোবোৰ ঘটনা মনত পৰাত তাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। নিজকে বৰ দোষী দোষী ভাৱ হ'ল ৰিতিৰ। তাইৰ কাৰণেই একো দোষ নথকাৰ পিছতো সিদ্ধান্তই আঘাত পাব লগা হোৱাৰ কাৰণে তাইৰ মনটো বেছি বেয়া লাগিল। নিজৰ জীৱন- মৃত্যুৰ সৈতে যুঁজি থকা সিদ্ধান্তক এবাৰ ওচৰৰ পৰা চাবলৈ খুব মন গ'ল ৰিতিৰ।
-বাইদেউ, মোৰ মাক এবাৰ মাতি দিবচোন......ৰুমত থকা নাৰ্ছ গৰাকীক মাকক মাতি দিবলৈ ক'লে ৰিতিয়ে। নাৰ্ছ গৰাকীয়ে তাইক অলপ কিবাকিবি পৰীক্ষা কৰি বাহিৰলৈ ওলাই গ'ল আৰু মাকক তাইৰ ওচৰলৈ পঠিয়াই দিলে। ৰুমৰ ভিতৰলৈ সোমাই অহা মাকৰ ৰঙা পৰি যোৱা চকু কেইটা দেখিয়ে তেওঁ যে খুব কান্দিছিল সেয়া গম পালে ৰিতিয়ে। আলফুলে সাৱটি ধৰিলে তাই মাকক।
-মা, তুমি কান্দি আছিলা ন', আৰু নাকান্দিবা। মই ভাল হৈ গ'লো চোৱা...মোৰ একোৱেই হোৱা নাই...সিদ্ধান্তই মোৰ একো হ'বলৈ নিদিলে। মা....প্লিজ মোক সিদ্ধৰ ওচৰলৈ লৈ যোৱা না। মোৰ কাৰণেই তাৰ আজি এইটো অৱস্থা। তাক এবাৰ ওচৰৰ পৰা চাবলৈ খুব ইচ্ছা গৈছে মোৰ। লৈ যোৱা না মা মোক তাৰ ওচৰলৈ.... একে উশাহতে কথাখিনি কৈ তাই এইবাৰ মাকৰ মুখলৈ চালে।
-মাজনী, তুমি এতিয়া সিদ্ধান্তক চাব নোৱাৰিবা। তাৰ আৰু অনুজৰ অপাৰেশ্যন চলি আছে। ডক্তৰে কৈছে দুয়োটাৰে অপাৰেশ্যন কমপ্লিট হোৱালে দেৰি আছে। মেজৰ অপাৰেশ্যন হৈ আছে দুয়োটাৰে.... মাকে কওঁ নকওঁ কৈ ক'লে কথাখিনি।
মাকৰ কথাখিনি শুনি ৰিতি থৰ লাগিল.... "মেজৰ অপাৰেশ্যন" শব্দটোৱে যেন তাইৰ কাণ, মগজুত বিন্ধিবলৈ ধৰিলে। তাইৰ চকু স্থিৰ হৈ পৰিল, মজিয়াখনলৈ তাই একেথৰে চাই থাকিল। কান্দিবলৈও যেন তাই পাহৰি থাকিল। ইফালে ৰিতিয়ে চকুৰ টিপ এটাও নমৰাকৈ মজিয়াৰ ফালে একেথৰে চাই থকা দেখি মাকৰ চিন্তা লাগিল। মাকে তাইৰ গাত ধৰি জোৰেৰে জোঁকাৰি দিলে। মাকৰ জোঁকাৰণিত ৰিতি উচপ খাই উঠিল। মাকৰ মুখলৈ কিছুসময় চাই তাই এইবাৰ হুকহুকাই কান্দিবলৈ ধৰিলে। তেনেতে, তাইৰ ৰুমৰ দৰ্জা খুলি এটা ল'ৰা সোমাই আহিল। আনুমানিক ঊনৈশ- বিশ বছৰীয়া যেন লগা ল'ৰাটোৰ পিন্ধনত এটা বগা হাফ চাৰ্ট আৰু এটা পুৰণি জিন্সৰ পেন্ট। দেখাতেই আৰ্থিকভাৱে দুৰ্বল বুলি ধৰিব পৰা ল'ৰাটোৰ হাতত এখন ডায়েৰী। চুচুক চামাককৈ দৰ্জাৰ কাষতেই থিয় হৈ থকা ল'ৰাটোক দেখি ৰিতি আৰু মাক অলপ আচৰিত হ'ল। ল'ৰাটোক আগতে দেখা যেন নালাগিল তেওঁলোকৰ। চকুপানী খিনি মচি এইবাৰ ৰিতিয়ে ল'ৰাটোক তাৰ পৰিচয় সুধিলে,
-কোন তুমি ? ইয়ালৈ কিয় আহিছা ?
-হয়, আপোনাৰ লগত অলপ জৰুৰী কথা আছিল। আপুনি ৰিতি বাইদেউ নহয় জানো? ল'ৰাটোৰ মুখত নিজৰ নামটো শুনি ৰিতি অলপ আচৰিত হ'ল। ল'ৰাটোৱে বাৰু তাইৰ নামটো কেনেকৈ জানিলে?? তাইটো ল'ৰাটোক চিনিও নাপায়।
-বাইদেউ, অলপ বহি কথা পাতিব পাৰিম নে?
-হাঁ ! অ' বহাঁ বহাঁ....
বিছনাৰ ওচৰতে থকা চকীখনতে বহি ল'লে ল'ৰাটোৱে। ৰিতিৰ মাকে তালৈ পানী এগিলাছ আগবঢ়াই দিলে। পানীখিনি খাই দীঘলকৈ উশাহ এটা টানি সি এইবাৰ তাৰ পৰিচয় দিবলৈ মুখ মেলিলে।
পৃষ্ঠাঃ ১৩
(১২)
-বাইদেউ, আপুনি মোক চিনি নাপালেও মই আপোনাক ভালকৈয়ে চিনি পাওঁ। মোৰ নাম ৰাজু। মই অনুজ দাৰ লগতে থাকো।
অনুজৰ লগত থকা বুলি শুনি ৰিতি আৰু মাক সচকিত হৈ উঠিল। ৰিতিয়ে ল'ৰাটোক তাইক কেনেকৈ চিনি পালে সুধিব লওঁতেই ল'ৰাটোৱে নিজেই কৈ উঠিল..
-বাইদেউ, আপুনি হয়তো ভাৱিছে মই আপোনাক কেনেকৈ চিনি পালোঁ ! মই সকলো ক'ম। সকলো বোৰ ক'বলৈকে মই আপোনাৰ ওচৰলৈ আহিছোঁ।
বাইদেউ...মই এখন বহুত ভিতৰুৱা গাঁৱৰ পৰা অহা। আজিৰ পৰা প্ৰায় তিনি বছৰৰ আগতেই মই কৰ্মৰ সন্ধানত চহৰলৈ ওলাই আহিছিলো। আহিয়ে ইয়াত এখন ৰেষ্ট'ৰেন্টত সহায়ক হিচাপে সোমাইছিলো। কিন্তু ৰেষ্ট'ৰেন্টৰ মালিকজনৰ ব্যৱহাৰটো ভাল নাছিল। কাম কৰাৰ সমানে খাবলৈ খুব কম দিয়ে। অতিপাত কষ্ট কৰিও মই ভোকত থাকিব লগা হয়। এদিন একেবোৰ কষ্টকে সহ্য কৰিব নোৱাৰি ৰাতি মই তাৰ পৰা পলাই আহিলো। ভোকৰ পেটে থকা কাৰণে মোৰ গাটো খুব বেয়া লাগিছিল, দুৰ্বল হৈ পৰিছিলো। ভোকতে পেটত বিষ উঠিছিল। তেনেকৈয়ে খোজ কাঢ়ি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰি এটা সময়ত মই মূৰ ঘূৰাই পৰি গৈছিলো আৰু যেতিয়া চকু মেলিছিলো তেতিয়া নিজকে হস্পিটেলৰ বিছনাত উদ্ধাৰ কৰিছিলোঁ। মোৰ কাষতে অনুজ দাই ডক্তৰৰ লগত কিবা কথা পাতি আছিল। মই প্ৰথমতে অনুজ দাক দেখি খুব ভয় খাইছিলো কিন্তু পিছত ডক্তৰৰ মুখেৰে মোক ৰাস্তাৰ কাষত মূৰ ঘূৰাই পৰি থকা দেখি হস্পিটেললৈ অনুজ দায়েই লৈ অনা বুলি শুনি তেওঁলৈ ভয়টো কমিছিল। তেওঁৰ প্ৰতি কৃতজ্ঞতাৰে মোৰ মনটো ভৰি গৈছিল। আৰু তাৰপিছত মোৰ দুৰৱস্থাৰ কথা শুনি অনুজ দায়ে মোক একেবাৰে তেওঁৰ লগতে লৈ আহিছিল আৰু তেতিয়াৰ পৰা মই তেওঁৰ লগতেই থাকো।
ৰাজুৰ দুৰৱস্থাৰ কথা শুনি ৰিতি আৰু মাক দুয়োৰে চকু চলচলীয়া হৈ পৰিল। ৰাজুক কৰা সহায়ৰ কথা শুনি এক মুহুৰ্তলৈ যেন দুয়োৱে অনুজে কৰা অপৰাধৰ কথা পাহৰি পেলালে। ৰিতিয়ে অনুজক এনে হেন অসহায় ল'ৰাটোক সহায় কৰা কাৰণে মনে মনে ধন্যবাদ জনালে।
ৰিতিহঁতৰ চলচলীয়া চকু দেখি ৰাজুয়ে এটা দীঘলীয়া হুমুনিয়াহ কাঢ়িলে। কাৰণ সি এতিয়া যি কথা ক'বলৈ গৈ আছে সেয়া শুনি ৰিতি বৰ বেয়াকৈ যে আচৰিত হ'ব সেয়া খাটাং। হয়তো তাই তাৰ কথাত বিশ্বাস নকৰিবও পাৰে, সেইকাৰণে সি প্ৰমাণ স্বৰুপে অনুজৰ ডায়েৰী খনকে লৈ আহিছে। বিষাদৰ চকুৰে এবাৰ ডায়েৰী খনলৈ চাই ৰাজুয়ে আকৌ ক'বলৈ ধৰিলে...
-অনুজ দাৰ মাক দেউতাক যোৰহাটত থকা কাৰণেই লাহে লাহে মইয়ে তেওঁৰ একমাত্ৰ লগৰীয়া হৈ পৰিছিলো। তেওঁ মোক নিজৰ আপোন দাদাৰ দৰেই মৰম কৰে। তেওঁ নিজৰ মনৰ সকলো কথা মোৰ আগত প্ৰকাশ কৰে আৰু তেওঁৰ মুখেৰেই মই আপোনাৰ কথা গম পাইছিলো। তেওঁৰ মুখেৰে আপুনি কৰা বিশ্বাসঘাটকতাৰ কথা শুনি মোৰো আপোনালৈ খুব খং উঠিছিল। বাইদেউ, আপুনিনো তেওঁৰ দৰে ইমান ভাল মানুহ এজনৰ লগত কিয় এনেকুৱা কৰিলে ? জানেনে, বাইদেউ... আপুনি দাদাৰ হাতত দি থৈ যোৱা বিয়াৰ কাৰ্ডখন চাই চাই সেইদিনা দাদাই খুব কান্দিছিল। ভাঙি পৰিছিল তেওঁ। পাগলৰ দৰে আচৰণ কৰিছিল। দাদাৰ সেই অৱস্থা দেখি মোৰো খুব বেয়া লাগিছিল। তাৰ পিছৰ পৰাই দাদাই প্ৰায়ে অকলশৰীয়া কে থকা হৈছিল। মোৰ লগত কথা পতাও বন্ধ কৰি দিছিল। খোৱা বোৱাত মন নিদিয়া হৈছিল। কিবাকিবি টেবলেট কিছুমান কেৱল সদায় খাই থাকিছিল। আৰু এদিন..... কবলৈ লৈও ৰৈ গ'ল ৰাজু। কি বুলি নো প্ৰকাশ কৰিব সেই দিন টোৰ কথা.... কিমান যে আচৰিত আছিল দিনটো... বিশ্বাস-অবিশ্বাসৰ দোমোজাৰ দিন......
-আৰু এদিন কি ৰাজু....ৰাজু...নোকোৱা কেলৈ,, ৰাজু শুনিছা??
ৰিতিৰ মাতত ৰাজুৰ অতীতৰ ভাৱনাবোৰত ব্যাঘ্যাত জন্মিল। সি ৰিতি আৰু তাইৰ মাকৰ চকুলৈ লক্ষ্য কৰিলে। তেওঁলোকৰ চকুত
বিস্ময় আৰু কৌতুহলৰ লগতে আতংকৰ ছবি স্পষ্ট। শোক টোৱে খুন্দা মাৰি ধৰিলেহি ৰাজুৰ। নিজৰ অজানিতেই তাৰ চকুৰে পানী নিগৰি আহিল। কান্দি কান্দিয়েই সি কৈ গ'ল সেই দিনটোৰ কথা...
এদিন ৰাতিপুৱাতেই এটা জৰুৰী কাম আছে বুলি ওলাই গৈছিল দাদা। বৰ অধৈৰ্য্য হৈ আছিল সেইদিনা। সৰু সৰু কথাতেই মোকো বহুত বাৰ টানকৈ কৈছিল। দাদাৰ মুখেৰে মই তাৰ আগলৈকে ইমান টানকে কথা শুনি পোৱা নাছিলো। খুব বেয়া লাগিছিল যদিও একো কোৱা নাছিলো মই। ওলাই যোৱাৰ আগতে মোক অলপ দেৰি হ'ব বুলি কৈছিল যদিও তাৰ পিছদিনা হে সন্ধিয়া সময়ত দাদা ঘৰ সোমাইছিল হি। কেতিয়াও এটা বেয়া বস্তু মুখত দিয়া নেদেখা দাদাৰ হাতত সেইদিনা আছিল এটা মদৰ বটল। প্ৰচণ্ড নিচাত থকা দাদাই মোৰ চকুৰ পচাৰতে এবটল মদ খাই শেষ কৰি দিছিল। খঙতে গোটেই ঘৰৰ বস্তু ভাঙি ছিঙি নষ্ট কৰি পেলাইছিল। মই বাধা দিবলৈ যাওঁতে মোকো গুৰুলাগুৰুলকৈ পিতিছিল। সমস্ত খং যেন তেওঁ মোৰ ওপৰতে তুলিছিল। মোক মাৰি মাৰি ভাগৰ লগাত তেওঁ মজিয়াতে শুই পৰিছিল। মইও কান্দি কান্দি পিছত বিষে - কোপে জৰ্জৰিত হৈ মজিয়াতেই ঢলি পৰিছিলো। ৰাতিপুৱা সাৰ পাই মোক তেওঁৰ কাষতে অচেতন হৈ পৰি থকা দেখা পাই ততালিকে মোক ডক্তৰৰ ওচৰলৈ লৈ গৈছিল। নিচাতে মোক কৰা প্ৰহাৰৰ কাৰণে তেওঁ ক্ষমা খুজিছিল আৰু কৈছিল যে তেওঁ হেনো আগদিনা এটা ডাঙৰ অপৰাধ কৰি পেলাইছে, তেওঁৰ অবিবেচক কাণ্ডৰ কাৰণে হেনো দুটি জীৱন শেষ হৈ গ'ল। আৰু সেইকাৰণেই পিছত নিজৰ ভুল বুজি অনুশোচনাত দগ্ধ হৈ দাদাই মদ্যপানৰ সহায়ত নিজৰ ভুল, দোষ পাহৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ঘৰলৈ আহি তেওঁৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ নোহোৱা হৈ পৰিল আৰু উঠি থকা খঙটো মোৰ ওপৰত প্ৰয়োগ কৰিলে। সেই সময়ত মোৰ কেনেকুৱা লাগিছিল সেয়া মই আপোনাক বৰ্ণনা কৰিব নোৱাৰোঁ বাইদেউ। সদায় সমাজৰ কামৰ লগত জড়িত এজন ব্যক্তিৰ হাতেৰেই যেতিয়া এক ভয়ংকৰ অপৰাধ সংঘটিত হয়, সেই ব্যক্তিজনৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেয়া মই নাজানো। হয়তো দাদাই কৰা অপৰাধৰ বাবে তেওঁ শাস্তি পোৱাটো উচিত, কিন্তু তাৰ লগতে তেওঁ মোৰ নিচিনা আন কেবাজনকো সহায় কৰি আৰ্জি থোৱা ভালখিনিক মোৰ নিচিনা মানুহে অনাদৰ কৰিব নোৱাৰোঁ বাইদেউ। দাদাৰ বৰ্তমান অৱস্থা সংকটজনক। কিন্তু আপোনালৈ অনুৰোধ থাকিল বাইদেউ, তেওঁ যদি সুস্থ হৈ উঠে তেনেহ'লে প্লিজ তেওঁক পুলিচৰ হাতত গতাই নিদিব। তেওঁ নিজে কৰা ভুলৰ বাবে অনুতপ্ত কিন্তু তেওঁ জেলত থাকিব নিবিচাৰে বাইদেউ। বাহিৰেদি সম্পূৰ্ণ স্বাভাৱিক যেন লাগিলেও অনুজ দা মানসিকভাৱে অসুস্থ। তেওঁ নিজৰ অপমান সহ্য কৰিব নোৱাৰিব। এইখন অনুজ দাৰ ডায়েৰী। মই জনাত গোটেই ডায়েৰী খনত আপোনাৰ কথাই লিখা আছে । আপোনাৰ যদি এতিয়াও মোৰ কথা বিশ্বাস হোৱা নাই, তেনেহলে এইখন পঢ়ি চাব....মই দাদাৰ ওচৰলৈ যাওঁ।
একেটা বহাতে গোটেই কথাখিনি কৈ চলচলীয়া চকুৰে ৰাজু ৰিতিৰ ফালে নোচোৱাকৈয়ে ৰুমৰ পৰা ওলাই গ'ল। আৰু ইফালে ৰিতি.....
বহি আছে তাই বিছনাতে মনে মনে। ক'ব কি!!!চকুকেইটাত যেন প্ৰাণ নাই। মাথোঁ অলপ আগলৈ বৈ থকা চকুপানী খিনি গালতে শুকাই বৈ অহাৰ প্ৰমাণ স্বৰূপে গালত চাঁপ বহাই থৈ গৈছে। নিথৰ হৈ বহি থকা ৰিতিৰ সমস্ত শৰীৰ যেন এক অদ্ভুট জড়তাই গ্ৰাস কৰিছে। এক বৰ্ণনাহীন জড়তা। জীৱনৰ এক অদ্ভুট মেৰপাক। এক অদ্ভুট মৰীচিকা। যি দেখিছোঁ সেয়া সঁচা নহয়.....ৰাজুৰ কথাখিনিয়ে যেন সকলোবোৰ খেলিমেলি কৰি দিলে। মৰীচিকা খেদি খেদি ৰিতি যেন নিজেই এক মৰীচিকা হৈ পৰিল। 'বিশ্বাসঘাটকতা'..... সকলোবোৰটো এই শব্দটোৰ পৰাই আৰম্ভ হৈছিল। তেনেহ'লে প্ৰকৃত দোষী কোন? ৰিতি নে অনুজ ? অনুজে যি কৰিলে সেয়াওটো ৰিতিৰ কাৰ্যৰে প্ৰতিক্ৰিয়া। তেনেহ'লে অনুজতকৈও চোন ৰিতিয়েহে বেছি দোষী। ৰিতি দোষী...দোষী....দোষী.....
ৰিতিৰ কাণ দুখন যেন বাজিবলৈ ধৰিলে...তাই কাণ দুখন জোৰত চেপা মাৰি ধৰিলে। আসসস, এই যন্ত্ৰণা অসহ্যকৰ...অসহ্যকৰ....
তেনেতে , হঠাৎ এগৰাকী নাৰ্ছ ফোপাই তাইৰ ৰুমলৈ সোমাই আহিল।
(আগলৈ)
পৃষ্ঠাঃ ১৪
ধাৰাবাহিক উপন্যাসঃ
অভিশ্ৰুতি
চয়নিকা বৰুৱা
যোৰহাট
৯৭০৬২৬৯১০০
(যোৱা সংখ্যাৰ পিছৰ পৰা)
•কি হ'ল শ্ৰুতি..থৰ লাগিলি যে?মোক ভূত দেখা দি দেখিলি চাগে?চাও অাতৰ হ...মাহী অ মাহী..
•এইটো..বৰ খং উঠে..যেতিয়াই তেতিয়াই মোক ভয় খোৱাই থাকে..দাদা বুলি মাতিবই মন নাজাই এইটোক।
•মাহী মাহী..কি কৰিছা?
•অহ ঋতু দেখোন...কেতিয়া আহিলা..মই চোন গমেই নাপাও।মাজনী কিয় কোৱা নাই মোক?
•অাহিছেহে এতিয়া।আহিয়েই চিধা পাকঘৰ পালেহি।
•যোৱা দুয়োটাই আমাৰ ভিতৰৰ ৰুমতে বহি কথা পাতাগে।মইয়ো মাছৰ আঞ্জাখন বনাই লও।
•হ'ব মাহী।আহ পোৱালি।
•তই কিবা কামত এইফালে আহিলিনে নে আমাৰ ঘৰলৈ বুলিয়েই আহিলি?
•তহঁতৰ ঘৰৰ ওচৰৰ যে বিকি তাৰ ঘৰলৈ আহিছিলো।
•তই তাক কেনেকে চিনি পাৱ?
•মোৰ লগৰ এটাৰ মোমায়েকৰ ঘৰ।তাৰ লগত আহিছো।সি তাতে আছে।মই ভাবিলো আহিলো যেতিয়া মাহীৰ ওচৰত সোমাই যাও।
•ভালেই কৰিলি দে।
•হম...
•অহ্ তোৰ যে লগৰ বুলি কৈছ কাৰ কথা কৈছ?পাপু দা নি?
•নহয়....বেলেগ।
•কোন?
•অভিশ্ৰুত।
...ধক্...
•অভিশ্ৰুত কাশ্যপ ।
...ধক্-ধক্...ধক্-ধক্।
(হাতৰ পৰা থাপকে তলত মোবাইলতো সৰি পৰিল...তেওঁৰ মোমায়েকৰ ঘৰ আমাৰ ঘৰৰ ওচৰত..)
•পোৱালি কি হ'ল?
•নাই একো নাই।(এনেতে মোবাইলতো বাজি উঠিল...অচিনাকি নাম্বাৰ..৯৭০৬.......)
•দাদা চা চোন কাৰ নাম্বাৰ?
•Hello...who are you?
•ইচ্ ৰাম একেবাৰে English ত হে কথা পাতে...অসমীয়াতে পাত হেৰৌ।
•তোক দিব কৈছে ল।মই মাহীৰ ওচৰৰ পৰা আহো।
(ই মিচিকিয়া হাঁহি মাৰি গ'ল যে)
•Hello...কোনে কৈছে ?
•....
•Hello..কোনে কৈছে নকয় যে..Hello.
•Hello miss Srutishna.
....ধক্..
আগলৈ....
(আগলৈ)
পৃষ্ঠাঃ ১৫
অণুগল্পঃ
অপ্ৰত্যাশিত প্ৰস্তাৱ
আজি সভাখনত নিৰ্দিষ্ট ব্যক্তিজনৰ হাতৰ পৰা বহু আশাৰে লোৱা এনভেলেপটো হেঁপাহেৰে খুলিবলৈ লৈছে। এই এনভেলেপটোৰ ভিতৰতে সোমাই আছে তাইৰ জীৱনটো নতুনকৈ জী উঠাৰ প্ৰত্যাশাবোৰ। ইয়াৰ পৰাই আৰম্ভ হ'ব এক নব্য যাত্ৰা ।হঠাৎ তাইৰ ফোনটো বাজি উঠিল। সেই বিশেষ ব্যক্তিজনৰ ফোন। তাই শ্ৰদ্ধাৰে ফোন ৰিচিভ কৰিলে। সিমূৰৰ পৰা ভাঁহি অহা পুৰুষ কণ্ঠৰ সেই হৃদয়ৱান ব্যক্তিজনৰ প্ৰস্তাৱ শুনি তাই থৰ হৈ ৰ'ল। মূৰৰ ওপৰত যেন আকাশ খহি পৰিল। তাইক আৱৰি ৰখা অংগবস্ত্ৰবোৰে তাইৰ শৰীৰৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰা যেন লাগিল। তাই সৰ্ব শক্তিৰে সিহঁতক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে। এক ভয়াৰ্ত নিনাদত তাই কুচিমুচিকৈ কোঠাটোৰ এচুকত পৰি ৰ'ল। কোঠাৰ লাইটবোৰ নুমুৱাই দিলে। ক্ৰমাৎ...দৈত্যাকায় আন্ধাৰে তাইক এফালৰ পৰা গিলি পেলালে।
হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্যঃ ৭০০২৯৬১৩৬২
যন্ত্ৰণা
বুকুখনত তাইৰ এক যন্ত্ৰণাদায়ক অনুভৱ।যেন হাজাৰটা হাঁতুৰীৰ একত্ৰ কোব। একে উশাহতে যেন পঢ়ি পেলাব খুজিলে তাই আলোচনী খনৰ পৃষ্ঠাত জিলিকি থকা ক'লা ৰঙৰ আখৰৰ চিনাকি যেন লগা গতি আৰু লয়ৰ এমুঠি শব্দৰ সমাহাৰ খিনি। উহ্ সহ্য নহয় ইমান জীয়া অপমান! এটা মাহৰ নিৰৱচ্ছিন্ন চেষ্টাৰ ফচল আছিল তাইৰ এইখন উপন্যাস। আকৌ এবাৰ লেখা খিনিলৈ চালে তাই।সকলোবোৰ একে আছে।মাথো সলাই পেলোৱা হৈছে উপন্যাস খনৰ "শিৰোনাম" আৰু "লেখিকা" ৰ নাম।
মমী তামুলী
শিৱসাগৰ
যোগাযোগৰ নম্বৰ: 9678721310
লোভী
উমাৰ জীয়েক বীনাৰ হেনো বিয়া। আগৰ পিছৰ বুলিবলৈ ছোৱালী এজনীয়ে ! দৰা হেনো চৰকাৰী বিষয়া ! মাকৰ ২মাহ আগৰ পৰাই গাত তৰণি নাইকীয়া হৈ আছে! তাতে আকৌ চাকৰীয়াল জোৱাই ! সকলোৰে আগত জোৱাইৰ বৰ্ণনা ! পিছতহে লাগিল লেঠা ! বিয়াৰ পিছত চাকৰিয়াল জোৱাইৰ ঘৰত শাশুৱেক উমা কেতিয়াৱা গলেও জোৱাইৰ খঙহে উঠে ! হ'ল বুলিয়েনো বাৰু প্ৰতিটো ক্ষণতে জেপৰ বুটাম খুলি ৰাখিব পাৰিনে ?
বুলবুলি নাথ
কলাইগাঁও, ওদালগুৰি
মানৱতা
জিৰণি সময়ত টিফিন খাবলৈ বহিয়েই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ নীলাভে দেখিলে যে বিক্ৰম নামৰ ল'ৰাটোৱে তালৈ সতৃষ্ণ নয়নেৰে চাই আছে।ল'ৰাটো দুখীয়া ঘৰৰ ।বাপেক নাই,মাকে ইঘৰ-সিঘৰত কাম কৰে।ধনী ঘৰৰ ল'ৰা নীলাভৰ বেয়া লাগি টিফিনৰ অলপ খাদ্য বিক্ৰমকো দিলে।আনন্দত দুয়োৰে ওঁঠত হাঁহি বিৰিঙিল।
সংকল্পজিৎ শইকীয়া
নগাঁও
ফোন:-৯৯৫৭৩৬০১১৭
পৃষ্ঠাঃ ১৬
এক মিনিটৰ গল্পঃ
সংগী
ৰবীনে গাতটো খন্দা শেষ কৰি এখন্তেক বহি পৰিল। গীৰ্জা ঘৰটোৰ কাষতে লাগি থকা কবৰস্থান খনত সি প্ৰায় পোন্ধৰটা বছৰ পাৰ কৰিলে। আজিও তাৰ দৈনন্দিন কামটোৱে কৰিছে, কিন্তু মনটো বাৰে বাৰে যেন অস্থিৰ হৈ পৰে।
প্ৰতি দেওবাৰে সেই স্থানলৈ অহা ৰুবী বাইদেউ যোৱা নিশা হৃদৰোগত আক্ৰান্ত হৈ ঢুকাল। মিঠা হাঁহিটোৰ সৈতে এথোপা গুলপীয়া গোলাপ হাতত লৈ থকা বাইদেউৰ সেই অৱয়ব, সি যে পাহৰিব পৰা নাই। সন্মুখীন হ'লে তেওঁ সদায়ে তাৰ পৰিয়ালৰ খবৰ লয়, দুবাৰমান ধনেৰে সহায়ো কৰিছে।
এবাৰ গাতটোলৈ চালে, 'হয়, সি ঠিকেই কৰিছে'। মেৰেলিনা থমাচ বুলি লিখা থকা কবৰটোৰ নিচেই কাষতে খান্দিছে, ' যি জনী ন' বছৰীয়া ছোৱালীৰ নিথৰ দেহটো সাতোটা বছৰৰ আগতে কোনো অজান লোকে গীৰ্জাঘৰৰ দেৱালৰ কাষত পেলাই থৈ গৈছিল '। ছোৱালীজনীক বিচাৰি সিহঁতৰ সৰু চহৰখনত দুদিন ধৰি কিমান যে হুলস্থুল হৈছিল। আজিও তাৰ সকলো মনত আছে।
যা হওঁক, এতিয়া আৰু ৰুবী বাইদেউ সদায়ে তেওঁৰ একমাত্ৰ ছোৱালীজনীৰ কাষতে থাকিব পাৰিব...
শ্যামলিমা কাকতি
পৃষ্ঠাঃ ১৭
এক মিনিটৰ গল্পঃ
আত্মৰক্ষা
আজিকালি ৰাতি সদায় তাই ভৰি সেকিব লগা হয় । দিনটো বেলেগৰ চুৱা বাচনবোৰ আৰু কেচেমা কেচেম গোন্ধৰ কাপোৰবোৰ ধুই ,বিৰাট বিৰাট অট্টালিকাৰ আভিজাত্য সনা ফৰচ্ বোৰ নিকা কৰোঁতে কৰোঁতে তাইৰ নিজৰ দেহাটোৱেও কৈ উঠে , নোৱাৰি আৰু । মাকেই প্ৰায় তাইৰ ভৰি সেকিবৰ বাবে গৰম পানী এচৰিয়া আথে-বেথে যতনাই দিয়ে। লাগিলে নিজে ভৰিখনত মিঠা তেলৰ মালিচো অকণ কৰি দিয়ে। আঘোণীৰ বেথাবোৰ মাকৰ মনটোৱে খুব ভাল দৰে বুজি পায়। পেটমুঠিৰ যোগানৰ নামত সকলো কষ্ট সহ্য কৰি জীয়েকে দেহে কেহে খাটি আছে। ইফালে ৰাতি ঘৰ নুসোমোৱালৈকেও মাকৰ বুকুখন ধৰফৰাই থাকে। কৰবাত যদি কিবা অঘটন ঘটে তাইৰ! আজিও মাকে ভৰিখনত অলপ মালিচ কৰোঁ বুলী হাত দিওঁতে দেখিলে ভৰিখনত কেইবাটাও ঠাইত জখম হৈ আছে। মাকৰ বুকুৱেদি চিৰিংকৈ কিবা এটা বৈ গ'ল। অলপ আতংকিত হোৱাৰ সুৰত সুধিলে, "এইবোৰ কিহৰ জখম তোৰ ভৰিত?"
"অ' এইবোৰ ! আজি ৰাতি তিনিআলিটো পাৰ হৈ সেই পথাৰখন পাওঁতে ৰাং-কুকুৰ এটাই খেদি আহিছিল। ময়ো কম নহয় ন'। উলটাই দি আহিছো ঠাইতে এসেকা বাপ্পেকে ! এতিয়া কিজানি কৰবাত পৰি কেং কেঙাই আছে।"
জিলমিল বৰদলৈ
গুৱাহাটী
ফোন নং ৯১০১১১২৩৬৯
পৃষ্ঠাঃ ১৮
এক মিনিটৰ গল্পঃ
উত্তৰণ
হাতত বিবাহ বিচ্ছেদৰ কাগজখন লৈ , ফেমিলি কোৰ্টৰ চিৰিয়েদি গপ্গপাই নামি আহি সাগৰিকাই এক মূহুৰ্তৰ বাবে থমকি ৰ'ল ।
"এইখন ঘৰত থাকিবলৈ হ'লে কুকুৰৰ নিচিনাকৈ থাকিবি " ।
অৰ্ণৱে কৈছিল , তাইৰ আত্মসন্মানক তাচ্ছিল্য কৰি । ষোল্ল বছৰীয়া যুগ্মজীৱনত তাইৰ সৰ্বস্ব উজাৰি আপোন কৰিবলৈ চেষ্টা কৰা এখন ঘৰৰ পৰাধীনতাৰ শিকলি চিঙি , তাই আজি মানসিক ভাৱে সম্পূৰ্ণ প্ৰস্তুত , এক অৰ্থপূৰ্ণ জীৱন উদযাপন কৰিবলৈ । দৰ্পচূৰ্ণ এক পৰাস্ত যোদ্ধাৰ ৰূপত অৰ্ণৱৰ চিন্তাক্লিষ্ট মুখ খনলৈ চাই তাইৰ ঘৃণা নহয় , পুতৌ জন্মিল ।
" এদিন নিশ্চয় উপলব্ধি কৰিবা অৰ্ণৱ , তুমি কি হেৰুৱালা ?"
সগৌৰেৱে সাগৰিকাই নিজ পথত খোজ
ললে , এক মুক্ত জীৱনৰ সন্ধানত । তাইৰ কাষেৰে দ্ৰুতগতিত অৰ্ণৱৰ চাৰিচকীয়া বাহন খনে উৰোৱাই যোৱা ধূলিৰ আৱৰণৰ মাজেদিয়েই তাইৰ দৃষ্টি নিৱদ্ধ হ'ল , দূৰৈত হাঁহিমুখে তাইলৈ দুহাত আগবঢ়ায় এক নতুন সাজত বহু আকাংক্ষিত .....
" তাইৰ ভৱিষ্যত " ।
সঙ্গীতা মেনা
পৃষ্ঠাঃ ১৯
অনুবাদ কবিতাঃ
শৰতৰ বনৰীয়া ৰাজহংসজাক
(The Wild Swans at Coole, by W B Yeats)
শৰতৰ সৌন্দৰ্যৰ শোভিত বিৰিখ,
বোকা শুকাইছে হাবিতলীয়া পথৰ,
শাৰদী সন্ধিয়াৰ নিৰ্মল জলত
স্থিৰ আকাশৰ প্ৰতিবিম্ব;
শিলৰ মাজৰ চপচপীয়া পানীত
দুকুৰি উনৈশ ৰাজহংসৰ এটা জাক।
প্ৰথমবাৰ সিহঁতৰ লেখ লোৱাৰ পৰা
এইটো মোৰ উনবিংশ শৰৎ;
দেখিছিলোঁ মোৰ গণনা শেষ হওঁ কি নহওঁতেই
আচম্বিতে গোটেইজাক ওপৰলৈ উঠিল
আৰু ভাগ ভাগ হৈ বৃহৎ, খণ্ডিত বৃত্তত
ঘুৰি আছিল, দেউকাৰ শব্দৰে কোলাহল কৰি।
মই চাই আছিলোঁ সেই সুউজ্বল প্ৰাণীবোৰ,
আৰু এতিয়া মোৰ হৃদয় ব্যথিত।
সকলো সলনি হ’ল সেই মুনিচুনি বেলিকা৷
এই পানী-যুৱলিত, মই প্ৰথম শুনাৰ পৰা
মূৰৰ ওপৰত সিহঁতৰ ডেউকাৰ ধপ্ধপনি,
আলসুৱা গতিৰে উৰিছিল
সিহঁত।
এতিয়াও নাভাগৰি প্ৰেমিকেৰে যোৰা পাতি,
ভৰি মাৰি সাঁতোৰে শীতল,
লগৰীয়া হেন
জলধাৰাত অথবা উৰা মাৰে আকাশলৈ
বাৰ্দ্ধক্যই চুব পৰা নাই সিহঁতৰ অন্তৰবোৰ;
সিহঁত য’লৈকে যাওক, আবেগ অথবা জয়ে
এতিয়াও সিহঁতক প্ৰভাৱিত কৰে৷
কিন্তু, এতিয়া সিহঁত ওপঙি ফুৰিছে স্থিৰ জলপৃষ্ঠত৷
ৰহস্যাবৃত, সুন্দৰ;
নল-খাগৰিৰ মাজত সিহঁতে সজা বাহবোৰে,
কোনোবা হ্ৰদৰ কাষত অথবা বিলত, মানুহক
কৰে পুলকিত– যেতিয়া কোনোবা এদিন মই সাৰ পাই
দেখিম, সিহঁত উৰি গুচি গ’ল কোনোবা দূৰ দিগন্তলৈ?
(‘Coole’ ঝৰণা-পুখুৰী-পৰিভ্ৰমী চৰাই আদিৰে ভৰা কবিৰ নিজা চহৰ আয়াৰলেণ্ডৰ এখন উদ্যান। অসমীয়া শিৰোনামটোত শব্দটো দিয়া হোৱ নাই।William Butler Yeatsৰ ১৮৬৫চনত আয়াৰলেণ্ডত জন্ম হয়। তেওঁ লণ্ডত ঘুৰি ফুৰোঁতে প্ৰাৰম্ভিক স্তৰতে লিখা ‘Lake Isle of Innisfree’ কবিতাৰে বিখ্যাত হৈ পৰিছিল। ১৯২৩ চনত তেওঁ সাহিত্যৰ বাবে নোবেল পুৰস্কাৰ লাভ কৰে।১৯৩৯ চনত তেওঁৰ মৃতু হয়)।
মূল কবিতাটিঃ
The Wild Swans at Coole
W B Yeats (1865-1939)
The trees are in their autumn beauty,
The woodland paths are dry,
Under the October twilight the water
Mirrors a still sky;
Upon the brimming water among the stones
Are nine and fifty swans.
The ninteenth autumn has come upon me
Since I first made my count;
I saw, before I had well finished,
All suddenly mount
And scatter wheeling in great broken rings
Upon their clamorous wings.
I have looked upon those brilliant creatures,
And now my heart is sore.
All’s changed since I, hearing at twilight,
The first time on this shore,
The bell-beat of their wings above my head,
Trodd with a lighter tread.
Unwearied still, lover by lover,
They paddle in the cold,
Companionable streams or climb the air;
Their hearts have not grown old;
Passion or conquest, wander where they will,
Attend upon them still.
But now they drift in the still water
Mysterious, beautiful;
Among what rushes will they build,
By what lake’s edge or pool
Delight men’s eyes, when I awake some day
To find they have flown away?
অনুবাদ
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলিপাৰা,গুৱাহাটী-১৯
মোবাইল নং:৭০০২৪০৯৬৫৫
পৃষ্ঠাঃ ২০
অনুবাদ কবিতাঃ
এটি সাক্ষাৎ
মূল (হিন্দী): অমৃতা প্ৰীতম
অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন
মই নিশ্চুপ, শান্তি আৰু স্থিৰেৰে থিয় হৈ আছিলোঁ
মাথোঁ কাষেৰে বৈ যােৱা সমুদ্ৰত ধুমুহা আছিল
কিন্তু সমুদ্ৰক
ঈশ্বৰেহে জানে কি ভাৱ আহিল
ধুমুহাৰ এটি পুতলা সাজি
মোৰ হাতত তুলি দিলে
আৰু হাঁহি কিছু দূৰলৈ গুচি গ'ল
আচৰিত হৈছোঁ
কিন্তু তেওঁৰ আশ্বৰ্যখিনি লৈ ল'লোঁ
জানিছিলোঁ এই ধৰণৰ ঘটনা
কোনোবা যুগতেহে হয়
লাখ প্ৰশ্নই আহি
মস্তিস্কত তিৰবিৰালে
মাথো থিয় হৈ ৰ'লো, ইয়াক উঠাই লৈ
এতিয়া মোৰ চহৰলৈ মই কেনেকৈ যাওঁ
মোৰ চহৰৰ প্ৰতিটো গলিয়েই ঠেক
মোৰ চহৰৰ প্ৰতিখন চালেই উৰুখা
মোৰ চহৰৰ প্ৰতিখন দেৱালেই বদনামী
ভাবিছোঁ যদি তোমাক ক'ৰবাত পাওঁ
তেন্তে সমুদ্ৰৰ দৰে ইয়াক বুকুত ৰাখি
আমি দুয়ো পাৰৰ দৰে হাঁহিব পাৰিলোঁহেঁতেন !
আৰু তলৰ সৰু ঠেক গলিবোৰৰ
চহৰত থাকিব পাৰিলোঁহেঁতেন !
কিন্তু গোটেই দুপৰীয়াটো
মই তোমাক বিচাৰি থাকিলোঁ
আৰু নিজেই নিজৰ চকুৰ পানী পি ল'লোঁ
মই অকলশৰীয়া পাৰ
পাৰকে খহাই দিলোঁ
আৰু যেতিয়া দিনে মেলানি মাগিবৰ সময় হ'ল
সমুদ্ৰৰ ধুমুহা
সমুদ্ৰকে ঘূৰাই দিলোঁ
এতিয়া ৰাতিয়ে ঘেৰি ধৰাত তোমাক পালোঁ
তুমিও উদাস, নিশ্চুপ আৰু স্থিৰ
মইও উদাস, নিশ্চুপ আৰু স্থিৰ
মাথোঁ দূৰৈত বৈ থকা সমুদ্ৰত ধুমুহা আছে ৷
(অমৃতা প্ৰীতম - হিন্দী আৰু পাঞ্জাৱী সাহিত্যৰ এগৰাকী প্ৰথিতযশা ঔপন্যাসিক, কবি অমৃতা প্ৰীতমৰ জন্ম হয়- ১৯১৯ চনৰ ৩১ আগষ্টত গুৰুঞ্জনৱালা, পাঞ্জাৱ, ব্ৰিটিছ ইণ্ডিয়া (বর্তমান পাকিস্তান) আৰু মৃত্যু হয়- ২০০৫ চনৰ ৩১ অক্টোবৰত দিল্লীত৷ তেখেতৰ উল্লেখযোগ্য গ্ৰন্থৰাজি - 'পিঞ্জৰ' (উপন্যাস), 'আজ আখৌ ৱাৰিছ সুখ নু' (কবিতা), 'চানেৰী' (কবিতা)৷ তেখেতে নাৰী, সপোন আৰু ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ৰ বিষয় ৰূপে লৈ ৰমন্যাসিক আৰু প্ৰগতিশীল চিন্তা চেতনাৰে বহু উল্লেখযোগ্য সৃষ্টিৰাজি আগবঢ়াইছে৷ তেখেতে ১৯৫৬ চনত সাহিত্য অকাডেমী, ১৯৬৯ চনত পদ্মশী, ১৯৮২ চনত ভাৰতীয় জনপীঠ, ২০০০ চনত শতাব্দী সন্মান আৰু ২০০৪ চনত পদ্মবিভূষণ বঁটাৰে সন্মানীত হয়৷)
পৃষ্ঠাঃ ২১
অনুবাদ কবিতাঃ
ৰূপেন হাঁসদা
মূল বাংলা কবিঃ স্বৰূপ চন্দ
অনুবাদঃ বাসুদেব দাস
মই বাঁকুড়াৰ পাবলো নেৰুদা
চিলি মোৰ দেশ নহয়
লাতিন আমেৰিকা মোৰ মহাদেশ নহয়
চান্তিয়াগো নহয়, মোৰ জন্ম পুৰুলিয়াৰ বান্দোয়ানত।
এদিন বাঁকুড়াৰ পৰা দিল্লী গৈ আছো
মোৰ প্লেন ক্র্যাশ কৰিল ফুলডুংৰিৰ অৰণ্যত
দুদিন চেতনা নাছিল
তৃতীয় দিনা মাজৰাতি যেতিয়া চেতনা উভতি পালো
দেখিলো এজন মানুহ পিঠিত শ্লিপিং ব্যাগ, কান্ধত বন্দুকলৈ
এটা অর্ধ-দগ্ধ শহা-পহুৰ ভৰি চিবাই আছে।
মই মানুহজনক চিনি পালোঁ
মানুজনক দেখি মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিল
এই মানুহজনৰ ছবি যীশুতকৈ বেছি বিক্রি হয়
এই মানুহজনৰ জন্ম আর্জেন্টিনাত, মৃত্যু বন্দুকৰ গুলিত
এই মানুহজনে বলিভিয়াৰ জঙ্গলত গান লিখে
কিউবাৰ ৰাস্তাত সুৰ দিয়ে
আৰু খোলা আকাশৰ তলত গায়ঃ
‘উই শ্যাল ওভাৰকাম’।
মানুহজনে মোৰ মনৰ কথা গম পালে
সি মোৰ কাণৰ ওচৰত মুখ আনি ফিচফিচাই কলে
এয়া বলিভিয়া নহয়, ফুলডুংৰি
মই চেগুৱেভাৰা নহয়
জঙ্গলমহলৰ ৰূপেন হাঁসদা।।
পৃষ্ঠাঃ ২২
কবিতাঃ
জট লগা সাঁথৰৰ খেল
----------------------------------------------------------
ময়ূৰী শৰ্মা গোস্বামী
জীৱন মানে এক ৰহস্য
জীৱনৰ খাজে খাজে কটা আছে,
পোৱা আৰু নোপোৱা,
সুখ আৰু দুখৰ ভাস্কৰ্য।
অনিশ্চয়তা আন এটি নাম জীৱনৰ।
সেই বাবেই জীৱন সদায় নমস্য।
এক ৰহস্যময় গহ্বৰেৰে গৈ -
পোহৰৰ সন্ধানত গোটেই জীৱন ৰৈ,
অনিশ্চয়তাক সাৰথি কৰি,
নিয়তিৰ হাতত নিজকে এৰি,
জীৱন নৈৰ ঘাটে ঘাটে ৰৈ ৰৈ -
অবিৰত গতি লক্ষলৈ...
নিৰ্জন প্ৰান্তৰত ৰৈ-
বিশাল সাগৰৰ পাৰত গৈ-
ওখ পৰ্বতৰ বুকুত থিয় হৈ -
সুধিবা চোন জীৱন কি ?
বতাহে কব
পানীয়ে কব
উচ্চতা আৰু বিশালতাই কব
জীৱন মানে অহা যোৱা মেল ।
জীবন মানে জট লগা সাঁথৰৰ খেল ,
যেন এটি উত্তৰ নোলোৱা প্ৰশ্ন।
যুগ যুগ ধৰি,
মাটিৰ বুকুত ফছিল হৈ থকা -
জীৱন এক জীবাষ্ম ।।
পৃষ্ঠাঃ ২৩
চিৰ প্ৰবাহমান সেই নদী
------------------------
ৰিজু শইকীয়া বৰদলৈ
গোলাঘাট, মৰঙি
হৃদয়ৰ মাজেৰে বৈ আছে
চিৰপ্ৰবাহিত এখনি নদী ,
সুখ দুখ, জয় পৰাজয় সকলো সামৰি অনন্তকাল ।
সপোনৰ দেউকা উৰুৱাই যোৱাৰ বাটত
খোজ হেৰুৱাই
মোৰ অলক্ষিতে ধুই নিয়ে সোঁৱৰণিবোৰ ।
কেতিয়াবা যে ইমান দুৰ্বল হৈ পৰে
মোৰ উকা হিয়াখন
শৈশৱৰ স্মৃতিৰে ভৰে দুয়ো পাৰ
আৰু কেতিয়াবা
ভৰ যৌৱনা হৈ উথলি উঠে বুকুখন !
নদীৰ সুখ দুখত
লুটুৰি পুতুৰি মোৰ সপোনৰ ঘৰ ।
এতিয়াও নিৰুদ্দেশ মোৰ আত্মাৰ মাজত
বহু স্বপ্নৰ লীলাভূমি ।
কলিজাত হাত থৈ বিচাৰি ফুৰোঁ
টাংগুটি খেলা সেই সোণোৱালী দিন,
নদীতেই বিলীন মোৰ
চিৰাচৰিত শব্দৰ হৃদয়ৰ স্পন্দন ।
বেদনাহত কলিজাৰে পান কৰোঁ
প্ৰতিটো নিনাদ ,
নদীৰ পাৰভঙা উচুপনি ।
ভাটিয়ালী বেলিৰ হেঙুলি বৰণত
জিলিকি উঠে এখন পালতৰা নাওঁ,
তাতেই লিখা আছে
স্থায়ী ঠিকনা ,
হিয়াৰ মাজেৰে বৈ থাকে মানেই
থাকিব মোৰো স্থিতি ।
পৃষ্ঠাঃ ২৪
অনুভৱৰ আলাপ
----------------------------------------------
গীতাৰ্থী ঠাকুৰ
স্নেপশ্বট ১
মায়াসনা কেইটিমান গধূলি
উদণ্ড জোন
জোন গলা জোনাক
কিছু কবিতা
কিছু গান
অ' মোৰ ৰাংঢালী দিন
এৰি থৈ গলি তই চিন
কেনেকৈ পাহৰোঁ তোক
কেনেকৈ....??
স্নেপশ্বট ২
সন্ধিয়াৰ কথা থাকক দিয়া
এচামোচ কাজিয়া
এচামোচ মৰম
অন্তহীন কথকতা
হেঁপাহবোৰ নিগৰিছে এতিয়া
সময় কিয় নোৱাৰি
ৰাখিব ধৰি??
কেনেকৈ যে পৰে
আঙুলিৰ ফাঁকেৰে সৰি।।
স্নেপশ্বট ৩
ঘণীভূত উশাহ
ওঁঠৰ চেপাত ক্ৰমশঃ
বিলীন হোৱা
ৰক্তজৱাৰ পাপৰি
বাহিৰ বিশ্ব নিমাত
সেই মুহূৰ্ত অতি পৱিত্ৰ
প্ৰেমৰ জ্যোতি প্ৰপাত।।
স্নেপশ্বট ৪
আৰু তো নাহে ঘূৰি
হেঙুলীয়া আবেলিবোৰ
শেষ নোহোৱা কথাবোৰ
মই ৰৈ আছো
ৰাংঢালী দিন এটাৰ বাবে
আহচোন তই,
উদণ্ড জোন এটি হৈ
ৰূপালী জোনাক হৈ
মই আঁজলি ভৰাই ল'ম
প্ৰেমৰ পোহৰ
সজল..
সজল।।
পৃষ্ঠাঃ ২৫
পিতাইৰ সপোন
------------------------------------------
আকাশী পৰী
তিতাবৰ
পৃথিৱীৰ বুকুলৈ বৰষা নামে ,
টোপাল টোপাল বৰষুণ জাকে
পিতাইৰ মাটি কেইডৰা
জীপাল কৰি তোলে ,
পিতাইৰ বুকুৰ হেঁপাহখিনি
ক্রমশঃ সেউজীয়া হৈ উঠে |
হুমুনিয়াহখিনি ! তুলবুলীয়া সপোন হয়,
নাঙলৰ সীৰলুত
বাৰিষাৰ ঢলৰ দৰে
আশাবোৰে, অগা-ডেৱা কৰে |
কপালৰ ঘাম মাটিত পেলাই
পিতায়ে কঠীয়াতলিত
সোণগুটি সিঁচে |
কোমল পলসোৱাত সেউজীয়াখিনি
লহপহকৈ বাঢ়ি আহে ,
সপোনবোৰ চপোৱাৰ আশাত
পিতায়ে ভঁৰালটি
আটোম-টোকাৰিকৈ সাজে |
পৃষ্ঠাঃ ২৬
সঞ্জীৱনী সুধা
------------------------------------
মনচুমী কলিতা নাথ
আকাশত এজাক বৰষুণৰ আখৰা চলিছে ।
মইমতীয়া ডাৱৰ জাকে ওখনা ওখনি কৰিছে।
মাজে মাজে মেঘৰ দামামা বাজিছে ।
সুখৰ সময় সমাগত ,
সাজু হ'ল অনাগত ,
ৰুণুক জুণুক জুনুকা পিন্ধি
ধৰালৈ নামি আহে
এজাক সপোন যেন বৰষুণ ।
আশাপূৰ্ণা আজি শ্যামলী ধৰা,
জুই বৰষা আকাশে যাঁচে সঞ্জীৱনী সুধা ।
পৃষ্ঠাঃ ২৭
বিদায়
------------------------------
দৃষ্টিৰূপা বৰদলৈ
বোকাখাত
ফোন নং-৬০০০০২৪৬৫০
ধুমুহাৰ ডেউকাৰ সতে নাযাবি দূৰলৈ
হে'ৰ মোৰ জোনাক নিশাৰ জ্যোমিতি
হিয়া মোৰ উঠলি উঠিব তোৰ দুখত !
নিয়ৰে সেমেকা সেই বকুল বনৰ ৰাতি
বিৰিণাৰ দীঘল চুলিতাৰিত
আঙুলি বুলুৱা ৰাতি
অমানিশা
চুৰ কৰি আনিছো এইটো নিয়ৰৰ বাঁহী
সতীৰ্থ সকলৰ ওঁঠত গুজি দিম বুলি ।
বিদায় বুলি কেনেকৈ কঁও ?
শ্ৰেণীকোঠাৰ ভিতৰে বাহিৰে সনা আছে
অলেখ অনুভূতি !
ধুমুহাৰ ডেউকাৰ সতে নাযাবি দূৰলৈ
হে'ৰ মোৰ জোনাক নিশাৰ জ্যামিতি !
হেঁপাহৰ কোঁহে কোঁহে আঙুলি বোলাই
কেঁচাসোণ এই বাঁহীটিত
সুৰৰ দেউকাৰে কঁপাই গ'ল
মহাবিদ্যালয়ৰ ঘাঁহনি !
বিদায় বুলি কেনেকৈ কওঁ ?
সতীৰ্থ সকলৰ সতে
আশাৰ ফাকুগুৰিবোৰ
সনা আছে
আমাৰ দুগালত।
ধুমুহাৰ দেউকাৰ সতে নাযাবি দূৰলৈ
হে'ৰ মোৰ জোনাক নিশাৰ জ্যামিতি ।
তোমালোকৰ বুকুৰ এই মিচিচিপি বা
ব্ৰহ্মপুত্ৰৰ গতিৰ সতে
হেনচেক কৰি,
এই নৱসুৰুযে
দি যোৱা তেজাল পুৱাবোৰ
গুজি যাম হেজাৰ সুৰুযমুখী!
বিদায় বুলি কেনেকৈ কওঁ
হেজাৰ বননীৰ পাতে পাতে
নিজক থৈ যোৱা
আমাৰ যে আছে দূৰন্ত বাসনা !
ধুমুহাৰ সতে নাযাবি দূৰলৈ
হে'ৰ মোৰ জোনাক নিশাৰ জ্যামিতি ।
পৃষ্ঠাঃ ২৮
---------------------------------------------------------
পুলেন ৰাজ ডেকা
কবিতালৈ সকলোৰে চকু গ’ল
কিয়নো কবিতা গাভৰু হ’ল
ক'ৰপৰানো কি হ’ল
আজি কবিতা জেললৈ গ’ল
কি হ'ল কি হ'ল
কবিতাৰ বুকুত লাজহে হ’ল
"আহ কবিতা
ঘৰ ধৰ
পুলিয়ে পোখাই উভালি পৰ"
সকলো ঘৰাঘৰি গ’ল
বিলনীৰ পোৱা নোপোৱাই
আমাৰো এবাৰ হৰি ব’ল ৷
আইতা ,আকৌ এবাৰ
(তয়ো পিছে পিছে যা গাই )
"কবিতালৈ সকলোৰে চকু গ’ল
আজি কবিতা গাভৰু হ’ল"।
পৃষ্ঠাঃ ২৯
পাগল
-----------------
নিৰঞ্জন শৰ্মা
শিৱসাগৰ,
ভ্ৰাম্যভাষ - 9859909815
কি হে বন্ধু
দুখ হৈছে, বেজাৰ কৰিছা!
মলিয়ন পোছাকযোৰত
বেদনাৰ ৰঙ সানি
কিমান দূৰলৈ বিষাদক ঢাকিছা...!
মানুহে কয় তুমি পাগল...
ফুটপাথৰ দলিচাত সপোন সজাইছা
ইংগিতৰ ধাৰাৰে
কোনো অৰ্থহীন কথাৰে...।
আৰে ভাই...
তুমি বোলে পাগল
মানুহে কয়...
আৰে মানুহেইতো পাগল...
পাগলেইতো মানুহ...!
অৰ্থ একেটাই...
অভিনয় বুজিছা অভিনয়...
মানুহৰ অভিনয়..।
পাগলৰ পাগলামীত চউদিশ মাতাল..
কিছু তোমাৰ দৰে পাগল!
কিছু ভদ্ৰতাৰ পোছাকেৰে পাগল।
সুখ শান্তিৰ হেনো মেটমৰা পকী দালানত..
মানৱীয়তা, সৰলতা জীৱনৰ অৰ্থ নুবুজা
পাগলৰ বাসস্থান।
আৰে ভাই...
তেজ একেই , বৰণো একেই কলা, বগা...
মাথোঁ ধৃষ্টতাৰ আৱৰণখনি পৃথক।
জ্বলন্ত চিগাৰেটটো হুপি লোৱা...
কিম্বা দামী পোছাকেৰে
দামী দামী কোঠা, পানশালাত
হুইস্কিৰ স্বাদ লোৱা...
তুমিও হৈ পৰিবা ভদ্ৰতাৰ পাগল।
ফুটপাথৰ বুকুত গেলা মহলৰ বটলৰ দুৰ্গন্ধ লোৱা বাবেই তুমি পাগল...!
কোনো সুৰ নোহোৱাকৈ..
কথা কোৱা বাবেই তুমি পাগল!
বুজিছা অভিনয় ...অভিনয়....
অভিনয় কৰিব নজনা বাবেই পাগল।
তোমাৰো এটি জীৱন আছিল।
সৰলতাৰ মানৱীয় এখনি হৃদয় আছিল।
আমি পাগলবোৰেই বলিয়ামিৰ ভাষাৰে
সভ্যতাৰ পৃথিৱীৰ পৰা আঁতৰাই পঠালো তোমাক..
অন্য এখন পৃথিৱীলে..।
য'ত বাস কৰে
পাগল, পাগল আৰু পাগল।
তুমিও কৰিছিলা শ্ৰদ্ধা আৰু প্ৰেম..
তুমিও গাইছিলা মানুহে মানুহৰ বাবে।
তোমাৰ মলিয়ন কামিজত
এতিয়া পাগলৰ ৰূপৰেখা...
আঁৰি লোৱা বেগত
দাষ্টবিনৰ সামগ্ৰী।
আৰে ভাই...
কি কৰিবা এইবোৰেৰে
তুমিও কান্দিব জানা, হাঁহিব জানা..
অথচ তুমি পাগল।
আমি মানুহ...
একো নাই, একো নাই ...
তুমি ফুটপাথৰ অক্লান্ত পথিক..।
আমি পকী ঘৰ, কিম্বা অট্টালিকাৰ বাসিন্দা...
মানুহে কি বুজিব তোমাৰ ভাষা।
মানুহে বুজিব কি..
সুখ দুখৰ ৰূপৰেখা...
তোমাৰ গানৰ কলিত
ৰিমিক্স সুৰৰ নিৰ্ভেজাল সংগীত...
যাৰ অৰ্থ বুকুতেই বাজি বুকুতেই শেষ।
ফুটপাথৰ নগৰীত ...
তুমি সকলো পথিকৰ মুখ্য অতিথি।
আলোড়নৰ কেন্দ্ৰবিন্দু ।
অথচ তুমি পাগল!
আৰে ভাই জীৱন বেলাৰ...
ফুটপাথৰ নগৰীত তুমি একছত্ৰী বাদশ্বাহ...
কোনেও নুবুজা...
কোনেও জানিব নিবিচৰা..
নিজতেই মত্ত..
তুমি পাগল...।।
পৃষ্ঠাঃ ৩০
কবি আৰু কবিতা...............................................................
প্ৰণামিকা গগৈ
গুৱাহাটী বিশ্ববিদ্যালয়
কবিয়ে ভালপায় কবিতা
নে,কবিতাই ভালপায় কবিক ?
মই ভালপাওঁ
কথা-কবিতা,
সেই যে সৃষ্টিৰ পুৰাতন দুখ আৰু
আধৰুৱা এটি স্তৱক!
আৰু, তই ভালপাৱ
তোৰ প্ৰিয় কবিৰ কবিতা!
অন্তহীন এবুকু আস্থা লৈ
পোহৰ আনিব বুলি...।
বৰ সাহসী তই
কলমত তোৰ
লোহিত নিগৰে!
নিগৰে, নিজান ৰাতি
অগ্নি ফিৰিঙতি।
সেয়ে ৰৈ আছ'
এই আন্ধাৰৰ মাজতো...
জোনাক জানো আছে কবি আৰু কবিতা
কবিয়ে ভালপায় কবিতা
নে,কবিতাই ভালপায় কবিক ?
মই ভালপাওঁ
কথা-কবিতা,
সেই যে সৃষ্টিৰ পুৰাতন দুখ আৰু
আধৰুৱা এটি স্তৱক!
আৰু, তই ভালপাৱ
তোৰ প্ৰিয় কবিৰ কবিতা!
অন্তহীন এবুকু আস্থা লৈ
পোহৰ আনিব বুলি...।
বৰ সাহসী তই
কলমত তোৰ
লোহিত নিগৰে!
নিগৰে, নিজান ৰাতি
অগ্নি ফিৰিঙতি।
সেয়ে ৰৈ আছ'
এই আন্ধাৰৰ মাজতো...
জোনাক জানো আছে সাৰে
এতিয়াও, হে নতুন কবি !
এতিয়াও, হে নতুন কবি !
পৃষ্ঠাঃ ৩১
এজাক সপোন
বৰষুণ আৰু মাদকতা.... ---------------------------------------------------------------
দীক্ষা বৰা
স্নাতক প্ৰথম ষন্মাসিক, কটন বিশ্ববিদ্যালয়।
বৰষাৰ ব্যাকুলতা
হৃদয়ৰ আকুলতা আৰু
তোমাৰ উপস্থিতিৰ দিনবোৰৰ
শীতলতা
আঃ !
কি সুৱাস!
আৱেগবোৰ সপোন হৈ বাগৰিছে
যেন স্বপ্নালীৰ আলসুৱা পৰশ!
আজি যেন এটি
মিঠা সপোনে আমনি কৰিছে৷
যাৰ দুবাহুত মই আবদ্ধ!
সেই আবদ্ধ শৰীৰ জীপাল হৈছে; চিপ্ চিপ্,
চিপ্ চিপ্৷
জীপাল হৃদয়খন ভিজা
মন, আত্মা, শৰীৰ সকলো ভিজা
তেতিয়া মই মুকলি আকাশৰ তলত
ভিক্ষাৰী হৈ,
দুহাত মেলি সাৱটিছো
অনুভৱ কৰিছো শীতলতা,
আৰু শুনা নুশুনাকৈ শুনিছো
চিপ্ চিপ্, চিপ্ চিপ্, চিপ্ চিপ্!!
পৃষ্ঠাঃ ৩২
শৰতৰ শেৱালি
--------------------------------------
ৰাহুল বৰদলৈ
দুবৰিৰ দলিচাত শৰতৰ শেৱলি
গাত নিয়ৰৰ টোপাল যেন মুকুতা মণি।
নিস্তব্ধ নিশাৰ আকাশৰ জোনৰ পোহৰত সাৰ পাই উঠে
সুবাসিত শেৱালিৰ পাহি,
নিশা অন্ধকাৰ মাজতো যেন পৰিষ্ফুত হয়
এক নান্দনিক সৌন্দৰ্য্য।
চৌদিশে বিলাই দিয়ে এক সুগন্ধ,
জিলিকি উঠে ফৰিংফুটা
জোনাক আকাশৰ জোনটিৰ দৰে,
আলোকিত কৰে অন্ধকাৰ নিশাটি।
শৰতৰ আগমনিৰ............
দুৱৰিৰ শীতল দলিচাত পৰি থাকে
স্বাগতম জনায় শ্ৰী শ্ৰী দুৰ্গোৎসৱক ।
পৃষ্ঠাঃ ৩৩
শেৱালি-------------------
কবিতা দেৱী
নুনমাটি,
ফোন নং : 7086522448
শৰতৰ শেৱালি পুৱাৰ শুৱনি,
নিৰবতাৰ ধৰাত মৌনতাৰে
পৰি আছোঁ মই শেৱালি ।
শান্ত মোৰ দেহা
নিৰব মোৰ ভাষা,
পুৱাৰ ধৰাৰ মই শুৱনি।
সুবাস মোৰ সুগন্ধি
মৌনতা মোৰ ধেমালি,
প্ৰকৃতিৰ এটি গভীৰ
আন্ধাৰ ৰাতি মোৰ আবিৰভাব
শুকুলা ধৰাত মোৰ আগমন,
প্ৰকৃতিৰ অলপ আন্ধাৰ অলপ পোহৰত
মোৰ উদ্ভৱ,
মই শেৱালি ।।
পৃষ্ঠাঃ ৩৪
শৰৎ মোৰ প্ৰিয় ঋতু
------------------------------------------------------
------------------------------------------------------
পৱন ডেকা
কামৰূপ (গ্ৰাম্য)
দূৰাভাষ- ৭৬৩৫৯৯৪৫৫১
বৰষাৰ গাত ভেজা দি
কুঁৱলী তিতা বৰষুণ নামে
শৰৎ কোনে আনে
কঁহুৱা ফুলে -
শেৱালি ফুলে -
সাজোন কাচোন কৰে
সংগোপনে অহা এচাটি বতাহে
চুঁই যায়
বোকা পানী লেটি লৈ
গজালি মেলা সেউজ পথাৰ
শৰৎ অহাৰ সুবাটতে
সেউজীয়াই ছানি ধৰে চৌদিশ
এবুকু হেঁপাহ কৃষকৰ
লখিমীৰ আগমন
ভঁৰাল হ'ব নদন বদন
শৰৎ এক প্ৰাপ্তিৰ ঋতু
ভৰপক যৌৱনৰ উৎসাহ ।।
পৃষ্ঠাঃ ৩৫
এয়াই শৰৎ
-----------------------------
-----------------------------
গণেশ চন্দ্ৰ কছাৰীগণেশ চন্দ্ৰ কছাৰী
দক্ষিণপাট, তিতাবৰ
এখোজ দুখোজকৈ
আহি পালে কভিড-১৯ৰ
মাজতে
শাওণক বিদায় দি
মেটমৰা সম্ভাৰেৰে
শৰতৰ নাতিশীতোষ্ণতা !
কৈ গ’ল নিয়ৰৰ শেৱালিজোপাই
দুবৰিডৰাৰ পুৱাৰ
মুকুতা মণিয়ে
সন্ধিয়া ডাৱৰৰ
জোলা খেলা আকাশে !
শুকুলা কঁহুৱাই
তা তা থৈয়া লহৰত
নাচ নাচে ময়ূৰৰ
চালি ধৰি
কদম তলে
ৰাধিকা হেৰায় ।
ফুলকোমলীয়া শৰতে
পূৰ্ণতা পাই
দশভূজা আইৰ
আগমনত
অসুৰ নাশি
শান্তি স্থাপনেৰে ....
পৃষ্ঠাঃ ৩৬
শৰৎ
-------------------
-------------------
লক্ষী প্ৰসাদ ৰেগন
এতিয়া আৰু পচোৱাৰ উন্মাদনা বিচাৰি
উঘাৰ সূতাডাল চিলাৰ বুকুত গাঁঠি দিব নালাগে
কঁহুৱা আৰু শেৱালিৰ সুবাস বিচাৰি
শৰৎ নামিছে
চোতালৰ দূবৰিৰ লাহি লাহি পাতত
নিয়ৰৰ ফুল চাবলৈ
কাষৰ খিৰিকীখন আধা খুলি ৰাখিব পাৰা
তাতে
শৰতৰ পূৰ্ণিমা যে অতি বিতোপন
আধা লিখা কবিতাবোৰ শুনিবলৈ
আহিব পাৰা আবেলি নদীৰ পাৰলৈ
শৰতৰ আবেলিবোৰ দেহমন শীতল পৰি যোৱা
শৰৎ নমাৰ দৰে নামিব সন্ধিয়াবোৰ
নীড়মুখী পক্ষীজাকৰ কলৰৱ শুনি
হেৰাই যাবলৈ।
পৃষ্ঠাঃ ৩৭
নিৱন্ধঃ
যোগ কেনেকৈ আৰু কিয় কৰিব লাগে ?
ভাৰ্গৱ কলিতা
দৰং (অসম)
ফোন নং- ৯১০১৬১৫২৭১
* অভ্যাস বিধি
* যিকোনো ধ্যানসনত বহিব ৷
* চকু বন্ধ কৰি ৰাজহাড় আৰু মূৰ পোন কৰিব ৷
* শৰীৰটো শিথিল কৰি গভীৰভাৱে উশাহ ল'ব ৷
* বাওঁহাতে ধ্যান মুদ্ৰাত ৰাখি বাওঁ আঁঠুৰ ওপৰত ৰাখিব আৰু সোঁ হাত নাসাগ্ৰ মুদ্ৰা ল'ব ৷
* এতিয়া অনামিকা আৰু কনিষ্ঠা আঙুলি বাওঁফালে আৰু তৰ্জনী আৰু মধ্যমা আঙুলি ভাঁজ কৰি ল'ব আৰু বুঢ়া আঙুলিৰে সোঁ-নাক বন্ধ কৰিব ৷
* প্ৰথমে বাওঁ নাকেৰে উশাহ ল'ব আৰু বাওঁনাক আৰু কনিষ্ঠ আঙুলিৰে বন্ধ কৰি সোঁ নাকেৰে বুঢ়া আঙুলি মুক্ত কৰি উশাহ এৰিব ৷
* পুনৰ সোঁ-নাকেৰে উশাহ ল'ব ৷ বাওঁ নাকেৰে এৰিব ৷
*এনেদৰে পুনৰ সলনা-সলনিকৈ কৰিব ৷
* এটা প্ৰক্ৰিয়া এনেদৰে ৫ বাৰ কৰিব ৷
সময় অনুুপাত:
* প্ৰথম অভ্যাসকাৰীসকলৰ বাবে উশাহ লোৱা আৰু এৰাৰ অনুপাত একে হ'ব ৷
*ক্ৰমান্বয়ে পাৰ্গত হ'লে ১:২ অনুপাতত কৰিব ৷
বি:দ্ৰ: উশাহ লাহে লাহে গভীৰভাৱে ল'ব ,এৰিব লাগে ৷ খৰকতীয়াকৈ কৰিব নালাগে ৷
উপকাৰিতা:
* এই প্ৰাণায়মে আমাৰ দেহৰ সকলো বিপাক ক্ৰিয়া সন্তুলিত কৰি সুস্থিৰ কৰে, শৰীৰৰ শক্তি যোগায় আৰু নাড়ী শোধন কৰে ৷
* মানসিক বিষাদ দূৰ কৰে আৰু মনোযোগো বঢ়ায় ৷
* কফজনিত ৰোগ দূৰ কৰে ৷
* উচ্চ ৰক্তচাপ আৰু যিকোনো মানসিক ৰোগৰ বাবে অতি লাভদায়ক ৷
(আমি আমাৰ শৰীৰ আৰু মনক সদায় সন্তুলন কৰি ৰাখিব লাগে ৷ যাৰ দ্বাৰা আমাৰ অন্তৰ আত্মাৰ বিকাশ হয় ৷ প্ৰতিজ্ঞাবদ্ধ হওঁ যে, মই মোৰ কৰ্তব্য নিজৰ প্ৰতি, পৰিয়ালৰ প্ৰতি, কৰ্মৰ প্ৰতি সমাজ আৰু বিশ্বৰ প্ৰতি শক্তি, স্বাস্থ্য আৰু আনন্দৰে বজাই ৰাখিব পাৰোঁ ৷
(সকলো সুখত থাকক, সকলো সুস্থ হৈ থাকক, সকলোৰে মংগল হওঁক যাতে কোনোৱে দুখ অনুভৱ নকৰে ৷ এয়ে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা)
(লেখক আন্ত:ৰাষ্ট্ৰীয় যোগ বঁটা বিজয়ী)
পৃষ্ঠাঃ ৩৮
অনুভৱঃ
শৰৎ তোমাক স্বাগতম
পবিত্ৰ গায়ন
অঙ্গনৰ প্ৰতিনিধি
মাজুলী, ফোন -৮৮২২৩৮৫৪৮৩
"শৰৎ কালৰ ৰাতি অতি বিতোপন ।
ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন ।।
সঁচাকৈ মহাপুৰুষ শংকৰদেৱে কীৰ্তনত কোৱাৰ দৰে শৰৎ ঋতু অতি বিতোপন । অসমীয়া ছয় ঋতুৰ ভিতৰত এই শৰৎ ঋতুকেই ঋতুৰ ৰাণী বুলি কোৱা হয় । গ্ৰীষ্মৰ প্ৰখৰতা সাম কতাৰ লগে লগে প্ৰকৃতিৰ বুকুলৈ নামি আহে শৰৎ । উৎসৱ মূখৰ হৈ পৰে পৃথিৱী । ৰান্ধনী পুৱাৰ কুঁৱলীয়ে আদৰি আনে শৰতক । শেৱালি ফুলৰ দলিচাতে যেন জীৰণি লই শৰতে । স্নিগ্ধ ৰাতি চন্দ্ৰমাৰ ৰূপোৱালী জ্যোতিয়ে পৃথিৱীখনক জ্যোতিষ্মান কৰি তোলে । আৰম্ভ হয় নানা উৎসৱ । এই শৰততে শ্ৰী ৰাম চন্দ্ৰই লংকাৰ ৰজা ৰাৱণক নিধন কৰিবলৈ ব্ৰহ্মাৰ হতুৱাই দুৰ্গাদেৱী বোধন কৰাই পূজা কৰিছিল বুলি প্ৰবাদ আছে । আন এটি প্ৰবাদ মতে এই শৰত কালতে শ্ৰী ৰাম চন্দ্ৰই লংকা জয় কৰি সীতাক উদ্ধাৰ কৰাৰ পাছত অয্যোধ্যাত প্ৰৱেশ কৰেহি আৰু তাৰ আনন্দতে আয্যোধ্যাত ধূপ- দীপ জ্বলাই আনন্দ উৎসৱ কৰা হৈছিল । তাৰ পৰাই দ্বীপাৱলী বা দীপান্বিতা উৎসৱ আৰম্ভ হয়। এই শৰততে দ্বাপৰ যুগত পূৰ্ণিমা জোনাকী ৰাতি যমুনাৰ পাৰত শ্ৰীকৃষ্ণই অনিৰ্বচনীয় মূৰুলী ধ্বনিত আত্মহাৰা হৈ ভক্তবৃদ্ধ পৰমাত্মাৰ লগত বিলিন হ'বলৈ কামনা কৰি ভগৱানৰ চৰণত নৈবদ্য আগবঢ়াইছিল । কৃষ্ণৰ প্ৰেমত আকুল গোপীসকলক সন্তুষ্ট কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই শৰতৰ পূৰ্ণিমা ৰাতিতেই ৰাসক্ৰীয়া কৰিছিল ।
উৎসৱৰ ক্ষেত্ৰত যেনেকৈ শৰতক ৰাণী বুলিব পাৰি থিক তেনেদৰে ই অসমীয়া জাতিৰ বাবে পৱিত্ৰ তথা স্বপ্ন ৰচনাৰ ঋতু বুলিব পাৰি । শৰত কালৰ ভাদ মাহেতই শ্ৰীমন্ত শংকৰ দেৱৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ , শ্ৰীমাধৱদেৱৰ তিৰোভাৱ ঘটিছিল । তদুপৰি শিখসকলৰ ধৰ্মগুৰু গুৰুনানকৰো জন্ম এই শৰৎ কালতেই হৈছিল। শৰত কালত প্ৰকৃতিৰ বুকুখন শস্যৰে উপচি পৰে লখিমীয়ে সেউজীয়া পথাৰত থিত লৈ পৃথিৱীখন বিনন্দীয়া কৰি তোলে । এই শৰততে পথাৰৰ লখিমীক পূৰ্ব আদৰণি আৰু মঙ্গল কামনাৰে তুলসী তলত আৰু পথাৰৰ বন্তী প্ৰজ্বলন কৰি কাতি বিহু উৰ্দযাপন কৰে। শৰৎ কালৰ আগমনৰ লগে লগে জাৰ-জহ দুয়োটা সমভাবাপন্ন হয় । দিন ৰাতিও প্ৰায় সমান হয় । চৌদিশে সুনিৰ্মৰ পৰিৱেশৰ সুচনা কৰে । ৰোগ ব্যাধি আদিও কমি যায় । মানুহৰ মনবোৰো অনাবিল আনন্দৰে ভৰাই তোলে । সেয়ে শৰতক কেৱল ঋতুয়েই নহয় মানুহৰ জীৱনৰ স্বপ্ন ৰচনা সোনালী সময় তথা এটি অনুমপ ঋতু বুলি আখ্যা দিব পাৰি ।
পৃষ্ঠাঃ ৩৯
অনুভৱঃ
শৰতৰ এমুঠি অনুভৱ
বিজু বৰঠাকুৰ
জাঁজী জামুগুৰি
শিৱসাগৰ
আহিনৰ দুবাহুত ধৰি শৰতৰ আগমন হয় । শেৱালিৰ সুবাস লৈ শৰতৰ কোমল নিয়ৰ কণা গালে মুখে সানি শাৰদী ৰাণী আহিছে সাজি কাচি । আহিনৰ পদশব্দত বেলিটোৱেও যেন তাৰ সমস্ত কঠোৰতা শেষ কৰি কোমলতাৰে বানে ধোৱা পৃথিৱীলৈ লৈ আহে কোমল কোমল মিঠা মিঠা লগা ৰ'দৰ পৰশত ফুলি উঠা কঁহুৱা কোমল বতৰা । স্নিগ্ধ জোনাকৰ শীতলতাত নিয়ৰসিক্ত দুবৰিৰ বুকুত জিলিকি ৰয় নিয়ৰৰে মুকুতা মণি। চেঁচা চেঁচা লগা প্ৰকৃতিৰ এই মধুময় সময়খিনিত চঞ্চলা হৈ পৰা কঁহুৱা ডৰাইও যেন আকুলতাৰে ৰিঙিয়াই মাতে আৰু প্ৰাণ খুলি হাঁহে । শৰৎ অহাৰ জাননী পালেই আকাশখনীয়ে শুভ্ৰ নীলা ৰঙ সিঁচি দিয়ে । পুৱতিৰ পাতল কুঁৱলীৰ কণাই দুবৰি বনত ওমলে । বৰষাই ধুই যোৱা পৃথিৱীলৈ শৰৎ এনেকৈয়ে আহে । নীল বৰণীয়া আকাশত মৌনতাৰে বগা বগা দুই এচপৰা ডাৱৰে মাজে মাজে লুকা ভাকু খেলে । যেন অভিমানী প্ৰেয়সীৰ পদুলিলে সঘন আহ যাহ কৰে । শৰতৰ সেউজীয়া পথাৰত কুঁৱলীৰ পাতল ওৰণি টানি ৰ'দত তিৰবিৰাই মিচিকিয়া হাঁহি ৰে কুঁৱলী পলাই । কৃষকৰ সেউজীয়া সপোনৰ লিহিৰি পাতবোৰে শৰতক পালে নিয়ৰত গা ধুই হালি জালি নাচে , গাভৰু হোৱাৰ উলাহত গীত জোৰে । কোমল বতাহ জাকে শইচৰ পথাৰখনক আলফুলে চুমা যাচে ।পক্ষীহঁতৰ ডেউকাত সপোনে ওমলে ,আকাশ চুই চোৱাৰ হেঁপাহেৰে জাক পাতি উৰি যায় শৰালি জাক ।
মনোমোহা শৰতৰ বেলিটোৱে নদীখনত গা ধুই গুচি যাবলৈ খৰখেদা লগায় ।শৰতৰ ফৰিং ফুটা জোনাকত মৃদু সমীৰণে আলফুলে শেৱালিৰ সুবাস বিলাই মনবোৰ ৰঙীয়াল কৰে ।শৰতৰ দৰে প্ৰতিটো ঋতুৰে নিজস্ব সৌন্দৰ্য আৰু মোহনীয়তা আছে । প্ৰকৃতিয়ে প্ৰতিটো ঋতুক উদাৰ ভাবে দান কৰা ঋতুৰ সৌন্দৰ্য খিনি একান্তই নিজৰ সম্পদ ।বহাগৰ কুঁহিপাত শৰৎৰ ৰূপোৱালী জোনাক , নিৰ্মল আকাশ ,কঁহুৱা ডৰা , শেৱালিৰ সুবাস ,নিয়ৰৰ কণা শৰতৰ নিজস্ব সম্পদ । ই কাৰো সতে তুলনা নহয় ।শৰৎ নিজেই অপৰূপ ,অনন্য ,অপূৰ্ব আৰু অতুলনীয় ,স্নিগ্ধতাৰ অন্য এটা নাম শৰৎ ।
আমাৰ এই ধুনীয়া ধৰণীখনৰ ঋতুবোৰৰ সৌন্দৰ্য বোৰ ধৰি ৰখাৰ দায়িত্ব কিন্তু মানৱজাতিৰ হাতত । মানুহ আৰু প্ৰকৃতিৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সংঘাত নাইকিয়া কৰিব লাগিব । নহ'লে সেউজীয়া ধৰণীখন ক্ৰমাৎ তৰু তৃণবিহীন এখন মৰুভূমিত পৰিণত কৰিবলৈ আমি গৈ আছো । বিশ্বৰ প্ৰান্তে প্ৰান্তে জ্বলি থকা প্ৰকৃতিৰ ধ্বংস যজ্ঞৰ লেলিহান শিখাত ঘৃতাহুতি দিয়া মানুহৰ সীমাহীন লালসা দূৰ কৰিব লাগিব ।অন্যথা প্ৰাকৃতিক অৱক্ষয়ৰ প্ৰভাৱৰ পৰা মানুহ বাচি থাকিব নোৱাৰিব । আহক আমি সকলোৱে একে লগ হৈ এই বিনন্দীয়া ধৰণীখন চিৰকাল সুজলা সুফলা কৰি যুগে যুগে আগমন ঘটাও শৰতক । শৰৎ সীমাহীন প্ৰেমৰ প্ৰতীক অফুৰন্ত প্ৰেমৰ স্বাক্ষৰ।।
পৃষ্ঠাঃ ৪০
সাক্ষাৎকাৰঃ
জয়ন্ত হাজৰিকাৰ সৈতে
১/ অঙ্গন আলোচনীৰ তৰফৰ পৰা আমি সৰ্বপ্ৰথমে আপোনাক স্বাগতম জনাইছো। আমাৰ পাঠক কলৰ বাবে আপোনাৰ চমু পৰিচয় জনালে সুখী হম।
উত্তৰঃ আন্তৰিক প্ৰীতি আৰু অভিনন্দন জনাইছোঁ | আপোনাৰ সন্মানীয় ই-আলোচনী 'অঙ্গন'ৰ পৰা ৰ এটি সাক্ষাৎকাৰ বিচৰাৰ বাবে বৰ আহ্লাদিত হ'লোঁ |
মাজুলীৰ উজনি অংশৰ মৰিসুঁতি গাঁৱত ১৯৮২চনৰ ১ ফেব্ৰুৱাৰী ( প্ৰকৃততে ১ আগষ্ট হ'ব লাগিছিল) তাৰিখে মোৰ জন্ম হৈছিল | অৱশ্যে, বৰ্তমান মোৰ ঠিকনাঃ ফুলনি চাৰিআলি, ডাক-কাৰ্কিচুক, জিলা- মাজুলী, অসম-৭৮৫১০৫ | বৰ্তমান মই ২০০৩ চনৰ পৰা প্ৰকাশ হৈ থাকি মাজুলীৰ পৰা প্ৰকাশিত দীৰ্ঘ সময়ৰ আলোচনী দ্বি-ভাষিক 'মাজুলীত কবিতা' আলোচনীখনিৰ সম্পাদক হিচাপে সেৱা আগবঢ়াই আছো |
২/ আপোনাৰ শৈশৱ কাল তথা স্কুলীয়া জীৱনৰ সম্পৰ্কে অলপ জানিবলৈ বিচাৰিম |
উত্তৰঃ আমাৰ গাঁওখন আৰু অঞ্চলটো মাজুলীৰ এটা অন্যতম বিশিষ্ট সাংস্কৃতিক অঞ্চল |পুৱা-গধুলি নামঘৰৰ বৰডবাৰ শব্দত উঠা-শোৱা কৰি ডাঙৰ হৈছো | মৰিসুঁতি গাঁৱৰ চাৰিসীমাত থকা সাধাৰণ লোকসকলৰ লগতে মিচিং, দেউৰী, নেপালী, দেচুৱালি লোকসকলৰ সমন্বয় আৰু একতাৰে বসতি কৰি আহিছে | স্থানীয়, শ্ৰী শ্ৰী শিলগুৰি থান, ঐতিহাসিক ৰত্নধ্বজ ৰজাৰ ৰাজধানী ৰত্নপুৰ (বৰ্তমান ৰতনপুৰ মিৰি), ৰূপহী বিল, পানীখাটী বিল, মৰিসুঁতি জান, দিবঙীয়া -আইতনীয়া-টেঙাপনীয়া দেউৰীসকলৰ এসময়ৰ বসতি আৰু বৰ্তমানো স্বকীয় ঐতিহ্য আৰু পৰম্পৰাৰে বসতি, সামাজিক একতা আৰু সমন্বয়ৰ অন্যতম বিশিষ্ট গাঁও মোৱামাৰী-চাপৰি মিচিং গাঁওসমূহৰ আত্মিকতাৰে শৈশৱটো পাৰ কৰিছো | বিশেষকৈ ঋতুকালীন পথাৰবোৰ, বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী চৰাই-চিৰিকটিবোৰ, গাঁৱৰ ভাওনা-সবাহ, ৰাসলীলা, অখণ্ড ভাগৱত পাঠ, আলি-আয়-লৃগাং, দবুৰ পূজা-, নেপালীসকলৰ পৰম্পৰাগত উৎসৱসমূহ দেখি আমাৰ মনবোৰ ভৰি পৰিছিল। মোৰ প্ৰাথমিক শিক্ষা মৰিসুঁতি প্ৰাথমিক বিদ্যালয়, মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিলো জোনাকী মধ্য ইংৰাজী বিদ্যালয়, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিলো জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত | কলেজীয়া শিক্ষা লাভ কৰিছিলো, শিৱসাগৰ কলেজ, জয়সাগৰত |
৩/ আপুনি কেনেকৈ সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'ল ?
উত্তৰঃ আমাৰ প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক-বৌদ্ধিক পৰিবেশটিয়ে মোক সাহিত্যৰ প্ৰতি আকৰ্ষণ কৰিছিল | সৰুৰে পৰাই কিবা এটা মৌলিক সৃষ্টিশীল মনোভাবৰ বাবে লিখিবলৈ লৈছিলো যদিও বিশেষকৈ ছমহীয়াআটীৰ বিদ্যালয়ত পঢ়ি থাকোতে এয়া বেছি গাঢ় হৈ পৰিল | তাৰ পিছত ইয়াৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিছো |
৪/আপোনাৰ প্ৰথম প্ৰকাশিত লেখাটো কি আছিল আৰু ক'ত প্ৰকাশ পাইছিল ?
উত্তৰঃ জিজ্ঞাস নামৰ আলোচনীখনতে মোৰ প্ৰথম লেখাটি প্ৰকাশ পাইছিল | লেখাটি আছিল এটা কবিতা | তেতিয়া মই চতুৰ্থ নে পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিলো |
৫/ প্ৰথম চপা আখৰ দেখি আপোনাৰ কেনে অনুভৱ হৈছিল ?
উত্তৰঃ নিজৰ নামটো ছপা আখৰৰ ৰূপত দেখাৰ এটা আনন্দ আছে, গৌৰৱো আছে | ছপা আখৰৰ এটা মাদকতা আছে , আছে এটা উগুল-থুগুল, ন-যযৌ ন-তস্থৌ আনন্দ | প্ৰথম ছপা হোৱা নিজৰ নামটো, লেখাটো কাৰোবাক দেখুৱাবলৈ ইমান হাবিয়াস থাকে! সকলোকে দেখুৱাই পুনৰ নিজে নিজে নিৰলে চোৱাৰো এটা সুকীয়া মজা আছে | যিসকলৰ সৃষ্টিশীলতাৰ ছপা আখৰ ওলাইছে তেখেতসকলে নিশ্চয় অনুভৱ কৰিব |
৬/ ইতিমধ্যে আপোনাৰ বহু কেইখন গ্ৰন্থ প্ৰকাশ হৈছে বুলি আমি জানিব পাৰিছো। এই সম্পৰ্কত আপোনাৰ অভিজ্ঞতা কেনে ?
উত্তৰঃ
নিচেই সৰুৰে পৰা সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছো | উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়াৰ কালৰে পৰা অসমৰ বিভিন্ন কাকত-আলোচনীত কবিতা-প্ৰৱন্ধ প্ৰকাশ পাই আহিছে |
২০০৩ চনৰ পৰা মাজুলীৰ পৰা প্ৰকাশিত দীৰ্ঘ সময়ৰ দ্বি-ভাষিক ' মাজুলীত কবিতা ' আলোচনীৰ সম্পাদক হিচাপে কৰ্মৰত |
২০২০ চনত মাজুলীৰ পৰা প্ৰকাশিত প্ৰথমখন সাপ্তাহিক বাতৰি কাকত " আমাৰ সময় " কাকতৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত |
সকলো লেখকৰ দৰে মোৰো নিজৰ লেখাখিনি থুপাই কিতাপ কৰাৰ হেঁপাহ আছিল | ইতিমধ্যে
১) মোক নিৰ্বাচিত কবিতাসমূহৰ পৰা এটা দ্বি-ভাষিক কাব্য সংকলন (অসমীয়া ভাষা আৰু ইংৰাজী ভাষাৰ) 'ওপঙা মাটি ( The Floating Land) প্ৰকাশ হৈছে
২) ত্ৰিভাষিক বৰ্ণমালা
৩) ত্ৰিভাষিক সংখ্যা পৰিচয়
৪) সেউজ দ্বীপত জীৱনৰ কল্লোল ( সম্পাদনা)
৫) পলকতে মাজুলী (মাজুলী বিষয়ক সংক্ষিপ্ত তথ্যকোষ)
৬) দহখন সম্পাদিত স্মৃতিগ্ৰন্থ
এই প্ৰতিখন গ্ৰন্থৰ প্ৰকাশৰ বেলিকা লাভ কৰিছো বিৰল অভিজ্ঞতা |
৭/ আপুনি প্ৰকাশনৰ লগতো জড়িত বুলি আমি জানিব পাৰিছো। সাম্প্ৰতিক সময়ত কাকত বা আলোচনীৰ সম্পাদক সকলে পালন কৰিব লগা নীতি কেনে হ'ব লাগে বুলি আপুনি ভাবে ?
উত্তৰঃ ক'বই লাগিব, আমাৰ মাজুলীখন যাতায়ত-যোগাযোগৰ বেলিকা এতিয়াও উন্নত নহয় | এক অৰ্থত মাজুলীখন এখন বিশ্ব আৰু মাজুলীৰ বাহিৰখনো অন্য এখন বিশ্ব | বহু হেঁপাহ থাকিলেও মাজুলীৰ পৰা কিছুমান কাম কৰাতো সুবিধাজনক নহয় | এনে অভিজ্ঞতাৰ অৱলম্বনত মাজুলীৰ পৰা পাহি-পৰী প্ৰকাশ' ( প্ৰতিষ্ঠা - ২০০৩ চন ) নামৰ প্ৰকাশন এটি প্ৰতিষ্ঠা কৰি বিশিষ্ট গ্ৰন্থ প্ৰকাশ অব্যাহত 'ৰাখিছো |
কাকত বা আলোচনীৰ সম্পাদক সকলে নিৰ্দিষ্ট নীতি নিশ্চিতভাৱে পালন কৰি আহিছে | কাকত বা আলোচনীখনৰ প্ৰাধান্যতা থকা দিশসমূহ অতি নিখুঁত আৰু সুক্ষ্মভাৱে নিৰীক্ষণ কৰি সম্পাদনা আৰু প্ৰচাৰ কৰে | সকলো সম্পাদকৰে দেশ-জাতিৰ মান-ময্যাদা, নিৰ্দিষ্ট বিষয়ৰ গুৰুত্বতা আৰু সামাজিক সুস্থিৰতা বৰ্তাই ৰখাই প্ৰধান লক্ষ্য হয় |
৮/ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি ?
উত্তৰঃ সাহিত্যৰ বিশাল সাগৰখনত সামান্য জল-কণা হিচাপে বিলীন হোৱাই মোৰ পৰিকল্পনা | তাৰবাবে, নিজৰ সৃষ্টিশীল সাহিত্য-কৰ্ম বৰ্তাই ৰখাৰ লগতে সমাজখনো সমৃদ্ধ কৰি তোলাই মোৰ প্ৰধান লক্ষ্য |
৯/ সাহিত্য পথাৰখনৰ নলেখাৰু সকলক আপুনি কি কবলে বিচাৰিব ?
উত্তৰঃ সাহিত্যৰ পথাৰখন মহাসাগৰ সদৃশ | ইয়াৰ পাৰাপাৰ নাই | লিখিলেই সাহিত্য নহয়, আঁকিলেই ছবি নহয় | কিন্তু, ঘঁহিলেহে শিল ক্ষয় যায় | নবাৰুণ লেখক-লেখিকা সকলে লিখাৰ আগতে অধ্যয়নত গুৰুত্ব দিয়াৰ প্ৰয়োজন | দেশীয় সাহিত্যৰ লগতে বিদেশী সাহিত্যৰ অধ্যয়ন কৰা দৰকাৰ | নিজৰ দেশ-কালৰ সম্যক জ্ঞান আহৰণ কৰা উচিত | জাতিৰ ইতিহাস-ঐতিহ্য-পৰম্পৰা আৰু সাম্প্ৰতিক সময়ৰ তিতা-মিঠাৰ প্ৰচুৰ দখল থকা দৰকাৰ | নিজৰ সৃষ্টিশীলতাৰ ধাৰাবাহিকতা ৰক্ষাইহে নিজৰ লেখক পৰিচয় | গতিকে সাৱধান আৰু সজাগ-সতৰ্ক মৌলিক চিন্তাৰ পৰিশীলিত চৰ্চাই এদিন মহত্বম উত্তৰণ ঘটাব |
১০/ বৰ্তমান সময়ত এটা তেনেই সহজতে শুনা শব্দ হ'ল "লবী"। এই সম্পৰ্কত আপোনাৰ মতামত কি ?
উত্তৰঃ লবী শব্দটি বিভিন্ন বিষয়ত ব্যৱহাৰ কৰা হৈছে | বিশেষকৈ 'তোষণ' অৰ্থতে প্ৰায়ে প্ৰযোজ্য হোৱা দেখা যায় | আভিধানিক অৰ্থ- Division বা সৰু বৈঠকখানা বিশেষ | আমাৰ সমাজত লবীক বক্ৰদৃষ্টিৰেই প্ৰায়ে গ্ৰহণ কৰা হয় | লবীয়ে একতা আৰু সমতাত বাধাৰ সৃষ্টি কৰে যেন লাগে | সামূহিক উন্নয়ন আৰু সৱলীকৰণৰ বাধাস্বৰূপ লবী পৰাপক্ষত এৰাই চলাই ভাল |
১১/ বৰ্তমানৰ সাহিত্য আৰু সাহিত্যৰ অনুৰাগী এই সম্পৰ্কে আপুনি কি ক'ব ?
উত্তৰঃ সাহিত্য গতিশীল | সমাজৰ সকলো দিশ নিৰ্মোহ আত্মবিশ্লেষণৰ পৰিধিবিহীন বুৰঞ্জী হ'ল- সাহিত্য | এনে মহত্বম উপলব্ধিৰে সকলোৱে সুক্ষ্মভাৱে অনুধাৱন কৰিলেই সাহিত্যই সমাজৰ মঙ্গলময় দাপোন হব' | ইয়াৰ বাবে সাহিত্য-প্ৰীতি হ'ব লাগিব উচ্চতম উপলব্ধিৰ সুসঙ্গোবদ্ধ অধ্যয়ন | স্থূল মনোৰঞ্জনধৰ্মী লেখনী সৃষ্টিতকৈ প্ৰগতিশীল সাহিত্য গ্ৰহণ কৰা বাঞ্ছনীয় |
১২/ বৰ্তমান সময়ত আলোচনীৰ ভুমিকা এই বিষয়ে চমুকৈ আপোনাৰ মন্তব্য কি ?
উত্তৰঃ আলোচনীৰ ভূমিকা প্ৰগতিশীল সাহিত্য সৃষ্টিৰ অন্যতম উপাদান | আলোচনী একোখনে একোখন সমাজক যিদৰে প্ৰতিনিধিত্ব কৰিব পাৰে একেদৰে সাহিত্যৰ পথাৰখনত ভৰি থোৱা ন-লেখাৰু সকলক এজন মঞ্চ প্ৰদান কৰে | একেদৰে, আলোচনীসমূহে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসাহিত্য, প্ৰবীন লেখক-লেখিকাসকলক পোনপতীয়াকৈ পোৱাৰো সুবিধা কৰে | বিভিন্ন অঞ্চলৰ পৰা প্ৰকাশ হোৱা আলোচনীসমূহে সেই সেই অঞ্চলৰ সামগ্ৰীক পৰিবেশ-পৰিস্থিতি, ভাষা-সাহিত্য-সংস্কৃতিক প্ৰতিনিধিত্ব কৰে | এখন আলোচনী এখন সমাজৰ স্ফটিক দাপোনৰ দৰে | গতিকে দাপোনত নিজৰ মুখখন সকলোৱে সুন্দৰকৈ দেখিবলৈ ভালপোৱাৰ দৰে আমাৰ আলোচনী সমূহৰ দ্বাৰাও আমাৰ সৃষ্টিশীল অভিজাত পৰিচয় দাঙি ধৰা উচিত |
পৃষ্ঠাঃ ৪১
মােৰ ভ্রমণ ডায়েৰী' - ৫
কার্শ্বিয়াং
শর্মীষ্ঠা বর্মন
নতুন দিল্লী
পশ্চিম বঙ্গৰ দার্জিলিং জিলাত অৱস্থিত 'কার্শ্বিয়াং' এখন অতি মনোমোহা সৰু চহৰ৷ সাগৰ পৃষ্ঠৰ পৰা প্রায় ১৫২৭ মিটাৰ উচ্চতাত অৱস্থিত কার্শ্বিয়াঙৰ দূৰত্ব, ছিলিগুৰিৰ পৰা ৩৪ কিঃমিঃ আৰু দার্জিলিঙৰ পৰা ৩২ কিঃমিঃ ৷
পুৰণিকালত ইয়াত 'লেপ্চা' জনজাতীয় লোকৰ বসতি আছিল যদিও ১৭৮০চনত নেপালী লোকৰ আগমণ ঘটে৷
দার্জিলিং জিলাৰ বিভিন্ন ঠাই নিৰীক্ষণ কৰাৰ পাছত বৃটিছসকলে 'কার্শ্বিয়াঙ'ৰ প্রাকৃতিক পৰিৱেশ সর্বশ্রেষ্ঠ পায়৷ গ্রীষ্মকালতো এই ঠাইৰ বাতাৱৰণ ঠাণ্ডা অাৰু শুষ্ক থাকে৷ সেইবাবেই তেওঁলোকে ১৮৩৫ চনত যক্ষ্মাৰোগীসকলৰ বাবে TB Sanitorium ৰ নির্মাণ কৰোৱাৰ উপৰিও St Helen's আৰু Gothelsৰ দৰে বিখ্যাত স্কুলৰ নির্মাণ কৰোৱাইছিল৷ St Helen's স্কুলতে নেপালৰ একালৰ ৰাণী ঐশ্বর্য্যয়ো পঢ়িছিল৷ ধুনীয়া বগা 'অর্কিড' ফুলৰ বাবে বিখ্যাত 'কার্শ্বিয়াঙ'ক Land of white Orchid 'বুলি অভিহিত কৰা হৈছে৷ ইয়াৰ চাৰিওফালে চাহবাগিছাৰে ভৰি আছে৷
আমি থকা ঠাইৰ নাম "মণ্টীভীট' ৷ তাৰ পৰা 'কাঞ্চনজঙ্ঘা' বৰ সুন্দৰকৈ দেখা পোৱা যায়৷ আবেলি পৰত আমি ঘৰৰ পৰা কার্শ্বিয়াং ৰেলৱে ষ্টেচন আৰু আকাশবাণী কেন্দ্র হৈ খোজকাঢ়ি ওলালো 'ঈগেল্ছ ক্রেগ' চাবলৈ৷ আকাশবাণী কেন্দ্রৰ লগত মোৰ পোনপটীয়া সম্পর্ক নাই যদিও মানসিকভাৱে এটি গভীৰ সম্পর্ক আছে৷ মোৰ সূদীর্ঘ ছোৱালী কাল কটোৱা শিলচৰৰ ঘৰৰ গা'তে লাগি আছে শিলচৰ আকাশবাণী কেন্দ্রটো ৷ লগতে মোৰ গিৰিহঁতগৰাকীও দিল্লী আকাশবাণী কেন্দ্রৰ সৈতে বহুবছৰ জড়িত আছিল৷ সেইসূত্রে দিল্লী আকাশবাণী কেন্দ্রলৈ মোৰ কেবাবাৰো আহ্ যাহ্ চলিছিল৷
কার্শ্বিয়াঙৰ সুউচ্চ ঠাইডোখৰত অৱস্থিত Eagle's Cragৰ পৰা চহৰখন বৰ ধুনীয়া দেখি৷ তাৰ পৰা চহৰখন চাবলৈ সজোৱা ঠাইটুকুৰাৰ পৰা বহুতো লোকে জাঁপ মাৰি আত্মহত্যা কৰিছিল৷ সেইবাবে তাৰ চাৰিওফালে লোহৰ ৰ'ডেৰে বন্ধ কৰি থোৱা আছে৷ সেইবাবে এই ঠাইক Suicide point বুলিও কোৱা হ'য়৷
ইয়াৰপৰা আমি 'ডাউ হিল' দেখা পালো৷
পিছদিনা পুৱা আমি 'ডাউ হিল'লৈ ওলালো৷ তালৈ যোৱাৰ আগতে আমি ঘৰৰ সন্মুখতে থকা বহু পুৰণি 'গুম্বা' অর্থাৎ 'মনেষ্ট্রিলৈ' গ'লো৷ পুনৰ সেই চিৰশান্ত পৰিৱেশ ৷ 'লামা' কেইগৰাকীৰ ধীৰ স্থিৰ মুখমণ্ডল দেখি তেওঁলোকৰ প্রতি মনত শ্রদ্ধা উপজিল৷
এইবাৰ 'ডাউ হিল'ৰ পিনে আগবাঢ়িলো৷ তাত দুখন বিখ্যাত স্কুল আছে; Dow Hill Girls School আৰু Victoria Boys School.আগতেই শুনিছিলো যে 'Dow hill, most haunted' অর্থাৎ এক অতি ভয়ানক ঠাই বুলি ৷ তাত বৃটিছৰ দিনৰ দুটামান ডাঙৰ ডাঙৰ পুৰণি ঘৰ ভগ্ন অৱস্থাত পৰি থকা বাবে হ'বলা ভূতৰ পৰিৱেশ যেন ভাৱ হ'য়৷ তাৰ 'ফৰেষ্ট অফিচ'ৰ কাষত হেনো মূৰ নথকা ল'ৰা এটাই খোজ কাঢ়ি থাকে৷ তাৰ উপৰিও আৰু বিভিন্ন ভূতৰ কাহিনী শুনিবলৈ পোৱা যায়৷ সেইবাবে আমি ভয়তে পেপুৱা লাগি আছিলো৷ ঘন কুঁৱলিৰে আৱৰি থকা পৰিৱেশে আমাৰ মনত উদয় হোৱা ভয়ত যেন 'জ্বলা জুইতহে ঘিউ ঢালিলে' ৷ তাত থকা Deer Park খনত ভয়ে ভয়ে অলপ সময় বহিলো যদিও কিবা এটা শঙ্কাই আমাৰ পিছ নেৰা হ'ল৷ জনশূণ্য ঠাইডোখৰৰ পৰা আমি ততালিকে গুচি আহিলো৷
এইবাৰ আমি কার্শ্বিয়াঙৰ আন এখন মহত্বপূর্ণ ঠাই 'চিমনী' অভিমুখে ৰাওনা হ'লো৷ Chimney এখন সৰু গাওঁ৷ ইয়াৰ পৰিৱেশ অতি সুন্দৰ আৰু স্বচ্ছ ৷ এই ঠাইৰ সুউচ্চ এলেকাত বৃটিছসকলে ১৮৩৯ চনত এখন 'Chimney' সজাইছিল৷ সেইবাবে ইয়াৰ নাম 'চিমনী' হয়গৈ৷ এই ঠাইখন অতিশয় সুন্দৰ হোৱাৰ উপৰিও ইয়াৰ পৰিৱেশ নিতান্তই শান্ত৷ চহৰৰ শব্দ প্রদূষণৰহিত এই ঠাইত এবাৰ আহিলে মনৰ দুখ হতাশা সমূলে নির্মূল হ'ব বুলি ক'লেও বেছি কোৱা নহ'ব৷ মোৰ মনত ভাৱ হ'ল আজৰি সময় কটাবলৈ নাইবা চহৰৰ হৈ চৈৰ পৰা সাময়িকভাৱে মুক্তি পাবলৈ থাকিব পৰাকৈ ইয়াতে মাটি এডোখৰ কিনি সৰু ঘৰ এটি সাজিব পৰাহেঁতেন...
'ডাউ হিল'ৰ সকলো ভয় 'চিমনী'ৰ সৌন্দর্য্যই অৱসান কৰি পেলালে৷ এই অনুপম সৌন্দর্য্য মনৰ চকুত সযতনে ভৰাই লৈ আমি তাৰ পৰা উভতি আহিলো৷
(ফটোত লেখিকাৰ লগতে পৰিয়ালবৰ্গক দেখা গৈছে)
আগলৈ...
পৃষ্ঠাঃ ৪২
শিশু সাহিত্য:
প্ৰকৃতি আৰু শিশু
ৰাজশ্ৰী বৰা
গোলাঘাট
প্ৰকৃতি (Nature) তিনিটি আখৰৰ এটি সৰু শব্দ ।এই শব্দটোতেই পৃথিৱীৰ অস্তিত্ব, মানৱজাতিৰ পৰিচয় ।মানৱ জীৱন এই প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ। প্ৰকৃতি শব্দটোৰ উচ্চাৰণতেই আমাৰ মনত এখন সেউজপূৰ্ণ ছবি,ভিন্ন ৰঙৰ ,ভিন্ন আকৃতিৰ জীৱকূলৰ প্ৰতিছবিয়ে মনলৈ আহে।সেউজপিন্ধা গছবোৰৰ তলত মুক্ত জীৱ জন্তু ৰ বিচৰণ,নৈখনৰ জলধাৰা বাধাহীন হৈ বৈ যোৱা,পৰ্বত পাহাৰে নিজ মনে থিয় হৈ থকা আৰু আকাশল নীলিমাত এজাক পখীয়ে ডেউকা মেলি খেলা ,এয়াই প্ৰকৃততে প্ৰকৃতিৰ সৌন্দৰ্য।যাৰ কোলাত জীৱনে শান্তি লৈ জী থাকে।এই প্ৰকৃতিয়ে অতীজৰ পৰা মানৱকূলক নিজৰ খিনি দি সৰ্বসুখ লাভৰ সুবিধা কৰিছে।
দুটি কণমান চকুৰে আলসুৱা কৈ মুখত এটি নিভেজাল হাহি পিন্ধি অনবৰতে সুখী হৈ থাকিব জনা ,নিস্পাপ মনৰ অধিকাৰী হোৱা, মানৱজাতিৰ উত্তৰ পুৰুষৰ স্বাক্ষৰ বহন কৰা জনেই শিশু।শিশুৱে এনে এটি মনৰ অধিকাৰী যি পৃথিৱীৰ কৃত্ৰিমতাক নিজৰ মাজত ঠাই দিব নাজানে।সেইবাবেই শিশুৱে লাভ লোকচানৰ অংক নকৰাকৈ এটি জীৱক,এটি চৰাইক ,এটা মেকুৰিপোৱালীক হৃদয়েৰে মৰম কৰে।তাৰ আপোন বুলি ভাবি নিমাত জীৱটোক লালন পালন কৰে আৰু তাৰ লগত খেলি আনন্দ লভে।সঁচাকৈ শিশুৰ কোমল মনটোৰ আলফুল ভাবৰাশিয়ে কেতিয়াবা হৃদয়খন বৰকৈ চুই যায়।শিশুটোৰ আঙুলিটোৰ মৃদু পৰশত অন্তৰত এধানি স্নেহ জাগে।এয়া প্ৰতিজন মানুহৰে স্বাভাৱিক গুণ।শৈশৱত আমাৰ হৃদয়খন নৈখনৰ দৰে উদাৰ আৰুস্বচ্ছ ,যি ভাল বেয়া,স্বাৰ্থ নিস্বাৰ্থ সকলোকে বুকুত অবিচাৰে লৈ ফুৰে।
এই শিশু আৰু প্ৰকৃতি সমানেই অনুভবৰ কাৰণ।দুয়োটাই আমাৰ জীৱনত ৰঙ লগায়।শিশুটোৰ হাহিটোৱে প্ৰাণত পৰাণ ঢালে,একেদৰে প্ৰকৃতিৰ প্ৰতিপালনত আমাৰ জীৱনে ঠন ধৰে।সেউজপাতখিলাই যদি আমাৰ বাবে অক্সিজেন যোগান নধৰে আমি নিমিষতে জীৱনক হেৰুৱাম।কাৰণ আমাৰ উশাহটো প্ৰকৃতিৰে দান।আমি কিন্তু এই সকলোবোৰ জানো অথচ আমিয়ে একো নজনাৰ দৰে আচৰণ কৰি প্ৰকৃতিত কষ্ট দিছোঁ।
বৰ্তমান সময়ত আমি কেনে পৰিৱেশত আছো এয়া আমাৰ সকলোৰে জ্ঞাত।আমি মুক্ত হৈ ইজনে সিজনক কৰমৰ্দন কৰিব নোৱাৰো, আকোঁৱালি ল'ব নোৱাৰো কাৰণ এনে কৰিলে বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰি আমাক মৃত্যু মুখলৈ নিব পাৰে।এনেকৈ এটা বীজাণু ৱে মানৱজাতিক আজি সংকটত পেলাইছে। ভৱিষ্যতে আৰু কিমান ভয়াবহ পৰিস্থিতি আহে সেয়া কোনেও নাজানে।এই ভয়াবহতাৰ মাজত থাকি আমি সকলোৱে এটা কথা ভালদৰে উপলব্ধি কৰিছোঁ যে প্ৰকৃতি আমাৰ বাবে কি? সেউজীয়া ৰ অবিহনে আমাৰ জীৱন কিমান যন্ত্ৰণাময়!আমি যিমানেই বিলাসী ঘৰত নাথাকো,দামী সাজপোছাক নিপিন্ধো আৰু আভিজাত্য নহ ও আমাৰ মনটোত সেউজীয়াইহে পুলক দিব পাৰে।আমি মানসিকভাবে ভাগৰুৱা হ'লে আমাক প্ৰশান্তি প্ৰকৃতিয়েহে দিব পাৰে। অৰ্থাৎ প্ৰকৃতি নিজেই ঔষধ।আমি সকলোবোৰ প্ৰকৃতিৰ পৰা লৈ আহিছোঁ আৰু ভৱিষ্যতে ও ল'ব লাগিবই। কিন্তু যদি প্ৰকৃতি এদিন নিঃশেষ হৈ যায়?আমি মানৱজাতিয়ো ধ্বংস হৈ যাম।আমাক বহুসময়ত প্ৰকৃতিক সুৰক্ষা দিবৰ বাবে সচেতন কৰাবলৈ বহুতে বহুত পদক্ষেপ লৈছে।আনকি বিশ্বত এই লৈ অনবৰতে গৱেষণা কৰিছে যে কি দৰে প্ৰকৃতিক আমি ৰক্ষা কৰিব পাৰোঁ ,প্ৰকৃতিৰ ভাৰসাম্য নেহেৰাবলৈ আমি কি কৰিব লাগিব।বহু প্ৰকৃতি প্ৰেমীয়ে আজিয়ো যতপৰোনাস্তি প্ৰকৃতিক প্ৰতিপালন কৰিছে,নিজৰ সন্তানৰ দৰে মৰম কৰি লালন পালনকৰিছে।
এতিয়া প্ৰকৃতিক সুৰক্ষা দিবলৈ কেৱল কেইজনমানেই যথেষ্ট নে?আমি সকলোৱে অক্সিজেন ল ওঁ ,অথচ আমি সকলোৱে প্ৰকৃতিক মৰম কিয় নকৰোঁ?যিখিনি কথা উল্লেখ কৰা হৈছে সেয়া সকলোৱে জানে,বুজে। কিন্তু এয়া দাঙি ধৰিছো এইবাবেই যে আমি আমাৰ প্ৰকৃতিখনক মৰম কৰা মানসিকতা শিশুৰ মনত ৰোপন কৰাটো বৰ্তমান খুবেই জৰুৰী।শিশুটো এতিয়া গৃহত আবদ্ধ।সি মন গলেই সমনীয়াৰ লগত খেলা ধূলা কৰিব নাই পৰা।সি নিজৰ ঘৰতে বন্দী হৈছে।এনে সময়ত যদি তাক এটি গছপুলিৰ প্ৰতিপালন ,পোহনীয়া জীৱ জন্তু টোৰ তদাৰক কৰাৰ দায়িত্ব দিয়া যায়।সি নিশ্চয় সুখী হ'ব,নতুন অভিজ্ঞতা লাভ কৰিব। নিতৌ ব্যৱহৃত সামগ্ৰীসমূহৰ উৎপাদন,যোগান আৰু চাহিদা সম্পৰ্কে আমি তাক ভালকৈ বুজাব,জনাব পাৰিলে সি হয়তো বুজিব যে প্ৰকৃতি কি?
আপুনি মই হয়তো ক'ৰবাত প্ৰকৃতিক লৈ অকণমান অসচেতন,এতিয়াও আমাৰ মনত পৰিৱেশ সজাগতা সক্ৰিয় হবলৈ বাকী আছে। কিন্তু এইখিনি যাতে শিশু এটাৰ মনত নাথাকে সেয়েহে আমি শৈশৱৰ পৰাই শিশুক প্ৰকৃতিৰ লগত একাত্ম হবলৈ সুবিধা দিব লাগে।আমাৰ শিশুৱে এবাৰ দায়িত্ব ল'লে তাক ভালকৈ পালন কৰে যদিহে আপুনি মই তাক উৎসাহ,প্ৰেৰণা দিওঁ।গতিকে আহক আমি আমাৰ ভৱিষ্যতক সুৰুক্ষা দিওঁ, প্ৰকৃতিক ভালপাব পৰাকৈ শিশুৰ মনটোক গঢ় দিওঁ।
প্ৰকৃতি আৰু শিশু দুয়োটি যিহেতু সমানেই আলফুল,দুয়োটিকে সযতনে ৰাখোঁ।যাতে কোনোটোৱে আমাক এদিন আমাৰ ভুল বোৰ আঙুলিয়াই দি নকয়
শিশু: তোমালোকৰ অসচেতনতাই আমাৰ জীৱন শেষ কৰিলে।
প্ৰকৃতি: অতিমাত্ৰা শোষণৰ বাবেই মই নষ্ট হলো আৰু তোমালোকৰো প্ৰাণ কাঢ়িলো
পৃষ্ঠাঃ ৪৩
গল্পঃ
আত্মবিশ্বাস
পূৰ্ণিমা বৰুৱা
শিৱসাগৰ (জাঁজী)
পথাৰৰ পৰা আহিয়ে অনামিকাই লৰালৰিকৈ গা আৰু কাপোৰ কেইটা ধুই মেলি লৈ ল'ৰাটোৰ ওচৰতে বহি অনলাইত নীতিশিক্ষা আৰু ইংৰাজী বিষয়ৰ পৰীক্ষাৰ উওৰৰ বহীখন চাই-চিটি নিৰ্দ্দিষ্ট নাম্বাৰ কেইটাত পঠিয়াবলৈ ফটো মাৰি থাকোতেই দোকানলৈ যোৱা ৰতন , মানে তাইৰ মানুহজন হাতত এটা বেগ লৈ সোমাই আহিল ।
ৰতনলৈ নোচোৱাকৈ অনামিকাই ফটো মৰাত ব্যস্ত আছে , কাৰণ নিৰ্দ্দিষ্ট সময়ৰ আগত দিব নোৱাৰিলে উত্তৰসমুহ গ্ৰহণযোগ্য নহ'ব । তাতে পথাৰলৈ যোৱাৰ বাবে ইতিমধ্যে দেৰি হ'লেই ।
ৰতনে বুজি পাই একো কোৱা নাই সেইবাবে ।
তথাপিও তাৰ মাজতে তাইক সুধি পেলালে , অনা তুমি অনলাইনত কিবা গল্প প্ৰতিযোগিতাত যে গল্প দিছিলো কৈছিলা তাৰ ৰিজাল্ট দিলে নাই ?
অনামিকাই উত্তৰ পঠিয়াই থকা মাজতে কৈ গ'ল , অ জানেনে আজি দিলে নহয় মই আপোনাক ক'বলৈ সময়ে পোৱা নাছিলো , আজি পথাৰত থাকোতে কিমানবাৰ যে ফোন আহিছে , মই গমেই পোৱা নাছিলো মই যে গল্প প্ৰতিযোগিতাত দ্বিতীয় হ'লো । মোৰ লগৰ নীতা , কৰবী , পৰি সিঁহতি ফোন কৰিলতহে গম পাই ফোনটো চাইছো জানেনে । ইমান যে ভাল লাগিছে। জানেনে মোৰ কষ্ট , চেষ্টা সকলো সাৰ্থক হ'ল লগতে পুনৰবাৰ লিখিবলৈ প্ৰেৰণা , উৎসাহ পালো । তাতোতকৈ ভাল লাগিছে মোৰ শুভাকাংক্ষী সকললৈ যি সকলে মোৰ লিখনি আদৰি লৈ আৰু আগবাঢ়ি যাবলৈ মোক উৎসাহ দিছে ।
ৰতনৰো মনতো আনন্দিত হৈ উঠিল । উমম হয় নেকি ভালেই হ'ল দিয়া তুমি তোমাৰ কাম কৰা মই চাহ বনাঁওগৈ তোমাৰো ভাগৰ লাগিছে অলপ আৰাম কৰা । ৰতনে কথাখিনি কৈ ভিতৰলৈ সোমাই গ'ল । অনামিকাইও উত্তৰসমুহ দি আজৰি হৈ ল'ৰাটোৰ লগতে ইটো সিটো কথা পাতি আছিল ।
ৰতনে হাতত চাহ দুকাপ আৰু ভূজিয়া পেকেটতো লৈ আহি তাইৰ ওচৰতে বহিল । চাহখিনি খাই খাই ৰতনে কৈ গ'ল,
: পৃথিৱীখনত বৰ অদৰকাৰী মানুহ কিছুমান থাকে দেই , কিছুমান মানুহৰ কাৰণেই কিছুমান সৃষ্টিশীল মানুহৰ মন ভাগি যায় , কাৰোবাৰ উঠি অহা এখন সংসাৰ ভাগি যায় । আচলতে কি জানা অনা যাৰ অন্তৰত কলুষতা থাকে সিঁহতবোৰে গোটেই পৃথিৱীখনেই কলুষিত দেখা পায় । চাৰিআলি , তিনিআলিৰ জোঁমবোৰেই তাৰ প্ৰমাণ ।
: কি কৈছে আপুনি এইবোৰ ক'ত কি হ'ল ভালকৈ কঁওকচোন । অনাই আচৰিত হোৱাৰ দৰেই ক'লে কথাখিনি ।
: মই আজি ওলাই যাঁওতে তিনিআলি , গছৰ তলত , সেই যে আড্ডা বহা ঠাইবোৰত সিঁহতৰ কাষেৰে পাৰ হৈ যাওঁতে তোমাৰ নাম কৈ পথাৰলৈ গৈ ফোনত ব্যস্ত , ফেচবুক ডকৰে যে তেনেকুৱা কিবা কথা শুনিবলৈ পাইছিলো । মই জানো বাহিৰৰ পৃথিৱীখন কেনেকুৱা । গতিকে মই ভুলকৈ বুজিলে কাৰ কি উপকাৰ হয় কাৰ অপকাৰ হয় ভালকৈয়ে জানো । ইঁহতবোৰ সমাজৰ বাবে একো একোটা বীষাক্ত কীট । ইঁহতৰ ঘৰুৱা পৰিবেশ বোৰৰ কথা ক'বই নালাগে ।
কথাখিনি শুনি অনামিকাৰ হাঁহি উঠিল । ভাল লাগিল তাইৰ মই যে কাৰোবাৰ সমালোচনাৰ বিষয় হ'ব পাৰিছো । মনটো আৰু বেছিকৈ সমালোচনা কৰাকৈ আগবাঢ়ি যাবলৈ মন গ'ল তাইৰ । যাতে তাইৰ ওপৰত আন দহজনৰ ইৰ্ষা জাগে । কাৰণ তাইৰ বিশ্বাস আছে ভগৱানে হিংসা নকৰিলে , মানুহে হিংসা কৰি একো কৰিব নোৱাৰে ।
তাইৰ ভাল লাগি গ'ল ঘৰখনৰ প্ৰধান ভেঁটি , খুঁটাটো আৰু বান্ধ বোৰ যদি মজবুত হয় , ঠিকে থাকে, হাজাৰ বতাহ ধুমুহাইও লৰচৰ কৰিব নোৱাৰে । তাইৰ সৃষ্টিশীল মনটো আত্মবিশ্বাসেৰে ভৰি পৰিল ।
পৃষ্ঠাঃ ৪৪
গল্পঃ
হেঁপাহ
ৰূপালীম মহন্ত
বেংগালুৰু, কৰ্ণাটকা
পেঞ্চন আনিবলৈ প্ৰত্যেক মাহৰ শেষৰ দিনটোত ওলাই যোৱা মাধৱ শইকীয়াক শইকীয়ানীয়ে মোনা এখন আতৌ-পিতৌকে যতনাই দিয়ে, টেমা এটাত তিনিখিলামান ভালকৈ নুৰিওৱা তামোল-পাণ, ঠাণ্ডা পানীৰ বটল এটা, হঠাৎ প্ৰেচাৰ বা চুগাৰ ল' হৈ গ'লে মুখত দিব পৰাকৈ মিচিৰিৰ টুকুৰা কেইটামান আৰু "মহেন্দ্ৰ দত্ত এণ্ড চন্স"ৰ সেই তাহানিৰে মজবুত ক'লা ছাতি এটা।
"শুনিছে, ৰ'দত এনেয়ে খোজ নেকাঢ়িব, ছাতিটো খুলি ল'ব...পাৰিলে ৰিক্সা এখনতে যাব...পইচা খৰছৰ কথা ভাবি নাথাকিব চোন অনবৰতে।"
"তুমি হিচাপ নিকাছৰ কথা কিবা বুজিলেহে....মইহে জানো আটকীয়া পেঞ্চনৰ টকাকেইটা আমাৰ কাৰণে কিমান জৰুৰী...অ'ত ত'ত কেলৈ ঢালিম বাৰু।"
"এদিন খোজ নেকাঢ়ি ৰিক্সাত গ'লে আমি পথৰ ভিকহু নহওঁ দিয়ক।"
"হেৰা, গোটেই জীৱন কাম কৰিলো। খোজ কাঢ়ি, চাইকেল মাৰিয়েই চলি গ'ল, এতিয়া এই বয়সত ৰিক্সা মটৰত নুঠিলেও হ'ব দিয়া।"
"আপোনাৰ এই কথা নুশুনা স্বভাৱটোৰ কাৰণেই মোৰ সুখ নহ'ল দেও, কৰবাত মূৰ ঘূৰাই পৰি থাকিলে মই অকলশৰীয়া মানুহজনীৰ কি হ'ব ভাবি চাইছেনে?"
"হে হে ভালহে তেও, পৰিত্ৰাণ পাবা তুমি।"
"কিখননো কয় ঔ, যাওক যাওক কথা চোবাই ঘৰতে বেলি দুপৰ হ'ল।"
ধুতিখনৰ পোন্ধটো ভালকৈ মাৰি শইকীয়াই পোষ্ট অফিচলৈ বুলি বাট বুলিলে। আলিৰ সিমূৰ পাই চকটো নুঘূৰালৈকে শইকীয়ানীয়ে তেওঁক পদূলিমুখৰ পৰা চাই থাকিল। নেদেখাজনক চিন্তি কপালৰ সেন্দুৰখিনিত হাতটো এবাৰ এনেয়ে ফুৰাই দিলে।
নাই, এই মানুহটোক তেওঁ কোনোদিনেই ভংগজয় নিয়াব নোৱাৰিলে। কোনোবা এবছৰ বিহু তলিত নাচি থকা ষোল্ল বছৰীয়া তেওঁক দেখি পছন্দ হোৱাত কমলাবুলিয়া টেঙা মৰ্টন খুৱাই তেতিয়াৰ চফল ডেকা শইকীয়াই নিজৰ প্ৰেমত পেলাইছিল। এবছৰমান পিছত মৰ্টন চুপি ভেলেঙী হাঁহি মাৰি তেওঁ শইকীয়ানী হৈছিল, আৰু লাজুকী খোজেৰে আহি শইকীয়াৰ ঘৰ শুৱনি কৰিছিলহি, বুকু জুৰ পেলাইছিল। কি হেঁপাহৰ সংসাৰ তৰিছিল দুয়োৱে। চৰকাৰী অফিচৰ সৰুবাবু শইকীয়াৰ জেদৰ আগত পৰিয়ালেও হাৰ মানিছিল।
কিন্ত বিয়াৰ ১০ বছৰৰ পিছতো যেতিয়া শইকীয়ানীৰ কোলা উদং হৈ ৰৈছিল, আত্মীয় কুটুমৰ লগতে ওচৰ চুবুৰিয়ায়ো যেতিয়া শইকীয়াক দ্বিতীয় বিবাহৰ পৰামৰ্শ দিছিল, তেওঁ তেতিয়াও কাৰো কথা শুনা নাছিল।
"ফল নধৰা গছ" আখ্যা পোৱা শইকীয়ানীৰ ফল নধৰা নহয়, ধৰিছিল। তিনিবাৰো। কিন্তু প্ৰতিবাৰেই দুই চাৰি মাহতে তেওঁলোকৰ সপোন ভাঙি চুৰমাৰ হৈ গৈছিল। তেওঁৰ হেনো জৰায়ু দুৰ্বল আছিল, সন্তান ধৰি ৰখাৰ শক্তিকণ নাছিল।
প্ৰত্যেকবাৰৰ নিৰ্মম আঘাতৰ কোবটোৰ পিছতেই "এই বংশ পুলি-পোখা নোহোৱাকৈয়ে উচন হব" বুলি কান্দি কাটি বিহ্বল হোৱা শইকীয়াৰ মাক-বাপেকৰ চকুলোৱেও শইকীয়াক টলাব পৰা নাছিল।
"নানো মই এওঁৰ সতিনী, নেলাগে মোক পুলি-পোখা" তেওঁ চাফ চাফকৈ ঘোষণা কৰিছিল। শইকীয়ানীৰ সেই দিনবোৰত কলহ বান্ধি পুখুৰীত জাপ দিবলৈ মন গৈছিল।
শেষৰবাৰ আঠমাহলৈকে শইকীয়ানী আগবাঢ়িছিল, সন্তৰ্পনে, দুৰ্বল, নিস্তেজ খোজেৰে, কিন্তু প্ৰবল হেঁপাহ লৈ। শেষত এৰাতি প্ৰচণ্ড ৰক্তক্ষৰণ হৈ হস্পিতালৰ দুৱাৰ দলি পাইছিলগৈ, মৃত্যুৰ সৈতে যুঁজি থকা শইকীয়ানীৰ ডাক্তৰে শইকীয়াক কৈছিল "কেঁচুৱা বা মাক এজনক হে বচাব পাৰিম।" পৰিয়ালৰ মানুহৰ আকুল আহ্বানক নেওচি শইকীয়াই একে আষাৰে কৈ দিছিল "তেওঁক ঘূৰাই আনক ডাক্তৰ বাবু, মোক আৰু একো নেলাগে।"
নাই, তেতিয়াৰে পৰা ক্ষোভত থকা আত্মীয়-স্বজন, পৰিয়াল, প্ৰতিবেশী কাকোয়েই কেৰেপ কৰা নাছিল শইকীয়াই। মানুহজনীক আৱৰি ৰাখিছিল। লাহে লাহে তেওঁলোকেও দুখবোৰ পাহৰি পেলাইছিল, আৰু কথা শুনোৱা মানুহবোৰেও তেওঁলোকৰ লগতেই দিন ৰাতি আকৌ উঠ-বহ কৰিছিল। কিন্তু মানুহৰ কথা শুনা পুৰুষ শইকীয়া কাহানিও হৈ উঠা নাছিল। সেয়া লাগিলে শইকীয়ানীয়ে নহওক কিয়।
এতিয়াও শইকীয়া একেই আছে। কৰিম বোলাটো কৰিবই। নকৰিম বোলাটোক কৰোৱাৰ সাধ্য নাই। শইকীয়াই ৰিক্সা ন'ললে। কিন্তু ঘূৰি অহাৰ বাটত, ঘৈণীয়েকলৈ বুলি সেন্দূৰৰ টেমা এটা, মূৰত ঘঁহা গোন্ধতেল এবটল আৰু কমলা ৰঙৰ টেঙা মৰ্টন কেইটামান কিনি মোনাটোতে ভৰাই আনিলে। টেঙা মৰ্টনলৈ এতিয়াও মানুহজনীৰ বৰ হেঁপাহ। মানুহজনীৰ মুখখনৰ নিভাঁজ ভেলেঙী হাঁহিটোৱে যে এতিয়াও তেওঁৰ বুকু জুৰায়। সেই হাঁহি দেখিলে যে এতিয়াও তেওঁৰ নিজৰ সকলো দুখ কষ্ট পাহৰি যায়।
শইকীয়া খৰ খোজেৰে আগবাঢ়ে। হেঁপাহৰ হাঁহিটো চাবলৈ তেওঁৰ বৰ মন যায়।
পৃষ্ঠাঃ ৪৫
অনুবাদ গল্পঃ
দাগ
মূল হিন্দী : সুশান্ত সুপ্রিয়
অনুবাদ : জয়ন্তীমালা বৰপূজাৰী, দিল্লী
ৰাতি নামি অহাৰ ঠিক আগে আগে সন্ধিয়াই বাগৰ সলাবলৈ লোৱা পৰতে এনে এটা সময় আহে যেতিয়া আকাশখনে যেন কিবা এটা ক’ব খোজে—ধৰাই যেন কিবা এটা শুনিব খোজে । সেই সময়, যেতিয়া দিনৰ শেষ পোহৰকণৰ ৰাতিৰ প্রথম আন্ধাৰখিনিৰ লগত ভেটাভেটি হয় । ঠিক তেনেকুৱাই আছিল সময়টো । কণাট প্লেচৰ দোকানবোৰত বিজুলিবাতি জক্মকাই উঠিছিল । দিনত বৰ গৰম আছিল । গধূলি ঠাণ্ডা বীয়েৰ অলপ খোৱাৰ মানসেৰে মই “ভল্গা” ৰেষ্টুৰেণ্টত সোমালোগৈ । চুকৰ টেবুলখনত বহি আদবয়সীয়া চর্দাৰজী এজনে অকলে বীয়েৰ খাই আছিল । ক’ব নোৱৰাকৈয়ে মোৰ ভৰি সেই টেবুলখনৰ ফালে আগ বাঢ়িল ।
“মই ইয়াত বহিব পাৰোঁ নে?” – নিজেই নিজৰ মাত শুনিবলৈ পালো ।
“বহক, বহক; বীয়েৰ-ছীয়েৰ খাওক” – চর্দাৰজীয়ে আন্তৰিকতাৰে ক’লে।
“ধন্যবাদ”। চকী এখন টানি মই বহি পৰিলো ।
কথা-বতৰাৰ মাজত গম পালো কৰোল বাগত চর্দাৰজীৰ হোছিয়াৰী সামগ্রীৰ ব্যৱসায় আছিল । জনকপুৰীত তেওঁৰ নিজা ঘৰ আৰু পত্নী আৰু ল’ৰা-ছোৱালীৰে সৈতে এখন পৰিপূর্ণ সংসাৰ আছিল । ৱাহেগুৰুৰ কৃপাত তেওঁৰ ওচৰত সকলো আছিল । কিন্তু সকলো থকা সত্বেও মই তেওঁৰ চেহেৰাত এক উদাসীনতা লক্ষ্য কৰিছিলো । তেওঁৰ জীৱনত যেন কিবা এটা অভাৱ আছিল । হয়তো তেওঁৰ মনত কিবা চিন্তা আছিল । হয়তো কিবা এটা কথাই তেওঁক ভিতৰি ভিতৰি খুলি খুলি খাইছিল ।
কথাৰ মাজে মাজে তিনি- চাৰিবাৰমান চর্দাৰজীয়ে মোক সুধি আছিল – “মোৰ কাপোৰত কোনো দাগ-চাগ লাগি থকা নাই তো ?”
কথাটো মোৰ অলপ আচৰিত যেন লাগিছিল । তেওঁৰ কাপোৰ-কানি সম্পূর্ণ পৰিষ্কাৰ আছিল । কাপোৰত ক’তো কোনো দাগ নাই বুলি তেওঁক মই আশ্বস্ত কৰিলো । তেওঁৰ সোঁহাতৰ সৰুগাঁঠিৰ ওপৰত অৱশ্যে এটা দীঘল কটা চিন আছিল । দীঘল চোকা চুৰি বা কটাৰীৰে কাটিলে যেনে দাগ হ’ব, ঠিক তেনেকুৱা ।
এইবাৰ মই চর্দাৰজীক নিজৰ কথা ক’বলৈ ধৰিলো ।
হঠাতে তেওঁ আকৌ সুধিলে – “মোৰ কাপোৰত একো দাগ লাগি থকা নাই নহয়?” তেওঁৰ মাতত উত্তেজনা আছিল । তেওঁৰ ভিতৰত ক’ৰবাত যেন এটা কাঁচৰ টুকুৰা সোমাই আছে । আৰু তাৰ খোঁচা-বিন্ধাত তেওঁ ব্যতিব্যস্ত হৈ পৰিছে ।
মই আচৰিত হৈ ক’লো – “চর্দাৰজী, অকণো চিন্তা নকৰিব; আপোনাৰ কাপোৰ একদম পৰিষ্কাৰ । ক’তো একো দাগ লগা নাই । কিন্তু আপোনাৰ সোঁহাতৰ সৰুগাঁঠিৰ ওপৰত থকা দাগটো কেনেকৈ হ’বলৈ পালে জানিবলে পালে নিশ্চয় ভাল পাম” ।
কথাটো শুনি হঠাতে চর্দাৰজীৰ মুখখন হালধীয়া শুকান পাতৰ দৰে শেঁতা পৰি গ’ল । মই যেন তেওঁৰ বিষাই থকা শিৰা এডালতহে হাত দিলো ।
অলপ সময় আমি মনে মনে বহি বীয়েৰৰ গিলাচত চুমুক দি থাকিলো । এনেকুৱা লাগিল যেন তেওঁৰ হাতৰ আঘাতৰ দাগটোৰ কথা সুধি মই ঘাঁদোখৰ আকৌ কেঁচা কৰি দিলো । তেওঁৰ মৌনতা দেখি মোৰ ভুলৰ কথা গভীৰভাবে উপলব্ধি কৰিলো । কেতিয়াবা মানুহে অজানিতে আনৰ ব্যক্তিগত জীৱনত ভুমুকি মৰাৰ ভুল কৰি পেলায় । তাৰ মূলতে হ’ল কৌতুহল । কিন্তু এনেকৈয়ে কাৰোবাৰ জীৱনৰ বছৰ বছৰ ধৰি বন্ধ হৈ থকা দুৱাৰ একোখনত ভুলতে এটা টোকৰ পৰে । সেই বন্ধ দুৱাৰৰ ভিতৰফালে হয়তো একোটা ৰহস্য গুপুতে থাকে । হয়তো তাৰো একোটা ইতিহাস থাকে ।
“এই আঘাতৰ দাগটোৰ কথা মই আজিলৈকে কাৰো আগত কোৱা নাই । পৰিয়ালৰ মানুহকো কোৱা নাই । কিন্তু ক’ব নোৱাৰোঁ আজি কিয় আপোনাক সকলো কথা ক’বৰ মন গৈছে ।“ চর্দাৰজী সংযত হ’ল । তেওঁ ক’বলৈ আৰম্ভ কৰিলে – “মোৰ নাম জচবীৰ । পঞ্জাবত খালিস্তান আন্দোলন তীব্রতৰ চলি থকা সময়ৰ কথা । চৰকাৰে অপাৰেচন ব্লু ষ্টাৰ কৰি বহুত উগ্রপন্থীক মাৰিলে যদিও আন্দোলন মষিমূৰ কৰিব পৰা নাছিল । আমি শিখসকলে আমাৰ লগত অন্যায় হোৱা বুলি ভাবিছিলো । এনে লাগিছিল যেন দেশ স্বাধীন হোৱাৰ সময়ত আমাক দিয়া প্রতিশ্রুতি পালন কৰা হোৱা নাছিল । আমাৰ প্রতি ভেদভাৱ ৰখা হৈছিল । আমাৰ ওপৰত অত্যাচাৰ হৈছিল । পুলিচে শিখ যুৱকক ধৰি ধৰি ফে’ক এনকাউণ্টাৰ কৰি হত্যা কৰিছিল । পঞ্জাবৰ বাহিৰত মানুহে আমাক তিত্কাৰি মাৰি সুধিছিল – চর্দাৰজী, খালিস্তান কেতিয়া ল’বা ?
“সেই সময়ত মই অমৃতসৰৰ খাল্চা কলেজত পঢ়ি আছিলো । খালিস্তানৰ স্বপ্ন আমাৰ মাজৰ কিছুমান শিখ যুৱকৰ কাৰণে দিল্লীৰ কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে বিদ্রোহৰ প্রতীকস্বৰূপ হৈ পৰিছিল । মহাৰাজা ৰঞ্জিত সিঙৰ সপোনৰ শিখৰাজ্যখনক বাস্তৱ ৰূপ দিবৰ বাবে আমি কাম কৰিবলৈ ধৰিলো । শিখ ষ্টুডেণ্টচ্ ফেডাৰেচনৰ মই এজন উগ্র কর্মকর্তা আছিলো । পুলিচৰ অত্যাচাৰ দেখি মোৰ ডেকা তেজ উতলি উঠিছিল । ১৯৮৫ চনত মই উগ্রবাদী সংগঠনত যোগ দিলো । আমি চুবুৰীয়া দেশৰপৰা অস্ত্র-শস্ত্রৰ যোগান পাইছিলো । তেওঁলোকৰ নিজৰ এজেণ্ডা আছিল । আমিও নিজৰ ’হিট লিষ্ট’ তৈয়াৰ কৰিছিলো আৰু মিশ্যনত গৈ খালিস্তানৰ বাটত বাধাৰ সৃষ্টি কৰা সকলোকে নি:শেষ কৰিছিলো । দুই তিনি বছৰৰ ভিতৰতে মই শিখ যুৱকৰ ওপৰত অত্যাচাৰ কৰা সেই সকলো পুলিচ অফিচাৰ আৰু নেতাক মৃত্যুৰ শীতল কোলাত শুৱাই দিলো । লাহে লাহে মই আমাৰ দলৰ কমাণ্ডাৰ হ’লোগৈ । মোক ‘এ’ কেটাগৰীৰ আতঙ্কবাদী বুলি ঘোষণা কৰি পুলিচে মোৰ ওপৰত ২০ লাখ টকাৰ পুৰষ্কাৰ ধৰি দিলে ।
“তাৰ মাজতে আমাৰ দললৈ সুৰিন্দৰ নামৰ এটা নতুন ল’ৰা আহিল । তেওঁ কৈছিল ইন্দিৰা গান্ধীৰ হত্যাৰ পিচত ১৯৮৪ চনৰ নবেম্বৰ – ডিচেম্বৰ মাহত দিল্লীত শিখ সম্প্রদায়ৰ ওপৰত হোৱা আক্রমণত তেওঁৰ পৰিয়ালৰ সকলো নি:শেষ হৈছিল । কৈছিল, বুঢ়া মাক-দেউতাক আৰু ভায়েক-ভনীয়েকহঁতৰ চুলি কটাৰ পিচত ডিঙিত টায়াৰ বান্ধি তেওঁলোকক জ্বলাই দিয়া হৈছিল । খোলাখুলিকৈয়ে তেওঁ চৰকাৰৰ প্রতি থকা আক্রোশৰ কথা কৈছিল । চৰকাৰৰ ওপৰত প্রতিশোধ লবলৈকে তেওঁ আমাৰ দলত যোগ দিছিল । শিখসকলৰ শত্ৰুক মাটিৰ লগত মিলাই দিবলৈকে হেনো তেওঁ জীয়াই আছিল । তেওঁৰ কথা শুনি ভাবিছিলো, আমাক এনেকুৱা যুৱককেইতো লাগে ! সুৰিন্দৰক আমাৰ মিশ্যনৰ কাৰণে সকলো ফালৰে পৰা উপযুক্ত যেন লাগিল । তাক দলত ভর্তি কৰি ল’লো ।
“কেই দিনমানৰ পিচত এদিন ৰাতি আমি মিশ্যনত ওলাই যোৱাৰ সিদ্ধান্ত কৰিলো । সুৰিন্দৰ, মই আৰু আন কেইজনমান ল’ৰা স্কুটাৰ লৈ অমৃতসৰৰ চুলতানবিণ্ড নামৰ ঠাইখনৰ ফালে ওলাই গ’লো । আমাৰ হাতত এ. কে. ৪৭ ৰাইফল আছিল । সকলোৱে গাত আলোৱান মেৰিয়াই লৈছিলো । সুৰিন্দৰে স্কুটাৰ চলাইছিল । মই তাৰ পিচত বহিছিলো । সেই ৰাতিটো যেন এটা ৰোমাঞ্চেৰে ভৰা, ৰহস্যঘন ৰাতি আছিল ।
পৃষ্ঠাঃ ৪৬
“পোন্ধৰ-বিশ মিটাৰমান আগত হঠাৎ পুলিচৰ বেষ্টনি চকুত পৰিল । দুই-তিনিখন জিপ্চী গাড়ীৰে সৈতে দহ-পোন্ধৰজনমান পুলিচ বাটত ভেটা দি ৰৈ আছিল । আমি স্কুটাৰ ৰাখিলো । পুলিচ আগ বাঢ়ি আহিল । তাত মই কোনো এনকাউণ্টাৰ বিচৰা নাছিলো । এটা বিশেষ মিশ্যনৰ কাৰণে ওলাই গৈছিলো আমি । মোৰ ইঙ্গিতত বাকী ল’ৰাবোৰ স্কুটাৰ ঘূৰাই কাষৰ গলিবোৰেদি পলাই গ’ল । কিন্তু পুলিচ দেখি সুৰিন্দৰ ভয়তে বতাহত কঁপা গছপাতৰ দৰে কঁপিবলৈ ধৰিলে । মই বাৰে বাৰে কোৱা সত্বেও তেওঁ স্কুটাৰখন ধৰি একে ঠাইতে ৰৈ থাকিল । পুলিচ আগুৱাই আহি আছিল । উপায় নাপাই মই গাৰ পৰা আলোৱানখন আঁতৰাই এ. কে. ৪৭ ত হাত দিলো । এটা ট্রিগাৰতে আগুৱাই অহা চাৰি-পাঁচজন পুলিচ ঠাইতে বাগৰি পৰিল । তাৰ পিচত সুৰিন্দৰক টানি লৈ ওচৰৰ গলিৰ ফালে দৌৰ দিলো । ইতিমধ্যে বাকী পুলিচবিষয়াই আমাৰ ওপৰত গুলী বর্ষণ কৰি আছিল । এটা গুলী আহি সুৰিন্দৰৰ উৰুত লাগিল । তেতিয়ালৈ কেইজনমান লগৰীয়া আমাক বচাবলৈ ঘূৰি আহিছিল । গুলীয়াগুলীৰ মাজতে আমি আটায়ে ধৰাধৰি কৰি আহত সুৰিন্দৰক লৈ কোনোমতে লুকাই –চুৰকৈ সেই ঠাইৰপৰা নিজকে বচাই পলাই গ’লো ।
“আমি আত্মগোপন কৰি থকা ঠাই পাই সুৰিন্দৰক সুধিলো – “তুমি পলোৱা নাছিলা কেলেই?” কিন্তু ভয়তে তেওঁৰ মুখ ছাইবৰণীয়া হৈ পৰিছিল । মুখৰ মাত নাছিল । আমি তেওঁৰ উৰুৰ পৰা বন্দুকৰ গুলী উলিয়াই ঔষধ-পাতি লগাই বেন্দেজ কৰি দিলো । আৰু পোন্ধৰ-বিশ দিনমানলৈ তেওঁ কোনো মিশ্যনত ওলাই যাব নোৱাৰিব । কিন্তু সেই ঘটনাটোৱেহে মোৰ মনটো টেঙাই দিলে । সেইদিনা সুৰিন্দৰক পুলিচৰ সন্মুখত থৰ্থৰ্কৈ কঁপা দেখি এনে ভয়াতুৰ ল’ৰা এটাক দলৰ সদস্য কৰি লোৱাৰ বাবে নিজে বৰ লাজ পাইছিলো ।
“কিন্তু মিশ্যনৰ কামোতো পেলাই থ’ব নোৱাৰি; কেতিয়াবা ক’ৰবাত বোমা দিব লাগে, কেতিয়াবা কোনোবা লগৰীয়াক পুলিচহাজোতৰ পৰা মোকলাব লাগিছিল । সুৰিন্দৰক আমাৰ থকা ঠাইতে থৈ দলৰ বাকী ল’ৰাবোৰ আৰু মই দুই-তিনি দিনৰ অন্তৰত ৰাতি ৰাতি কিবা নহয় কিবা মিশ্যনত ওলাই গৈছিলো । পুৱা চাৰি-পাঁচ বজাৰ ভিতৰত কাম শেষ কৰি উভতি আহিছিলো । কেতিয়াবা দিনতো কামত ওলাব লাগিছিল । সুৰিন্দৰে যেন আমাৰ দললৈ দুর্ভাগ্যহে লৈ আহিছিল । কাৰণ, তেওঁ অহাৰ পিচৰে পৰা আমাৰ কেইবাজনো সঙ্গী পুলিচৰ লগত হোৱা সংঘর্ষত নিহত হৈছিল । যি হওক, আমাৰ জীৱন তেনেকুৱাই আছিল – কেতিয়াবা যদি মিশ্যনৰ সাফল্যৰ আনন্দ, আন কেতিয়াবা সঙ্গীজনক হেৰুওৱাৰ দু:খ ।
“আমাৰ পৰিচর্যাত লাহে লাহে সুৰিন্দৰৰ গুলীৰ আঘাত ভাল হৈ আহিল । ভাবিলো, তেওঁক নিজৰ বিশ্বাসযোগ্যতা প্রমাণ কৰিবলৈ আৰু এটা সুযোগ দিয়া ভাল । এইবাৰ হয়তো তেওঁ বিশ্বাস ৰাখিব পাৰিব । তেওঁ সম্পূর্ণ সুস্থ হোৱাৰ অপেক্ষাত আছিলো ।
“এদিন ৰাতি কাম শেষ কৰি আমি আমাৰ ঘাটিলৈ ঘূৰিছিলো । চিয়াঁহীবুলীয়া আকাশ, সেমেকা বতাহ, আৰু ভৰিৰ তলত লেৰেলি যোৱা সৰাপাতৰ দলিচাৰ বতৰ আছিল সেয়া । পুৱা চাৰি বাজিছিল । তলত, মাটিৰ ওপৰত বহা জোনাকীপৰুৱাৰ মেলাত পোহৰ বিলাই ওপৰৰ আকাশত তৰাৰ জিল্মিলনি । মই সকলোতকৈ আগত আছিলো । ঘৰত সোমাই দেখিলো সুৰিন্দৰ সাৰে আছে । কাষৰ কোঠাত তেওঁ কাৰোবাৰ লগত ফোনত কথা পাতি আছিল । অলপ আচৰিত লাগিল । ওচৰলৈ গৈ লুকাই লুকাই তেওঁলোকৰ কথা শুনি মই বিচুর্তি খালো – সুৰিন্দৰে পুলিচৰ লগত কথা পাতি আছিল আৰু আমাৰ গোপন কথাবোৰ কৈছিল । আমাক ধৰাই দিবৰ কাৰণে হয়তো আগতেই পুলিচ মাতি থৈছিল । মই নিথৰ হৈ ৰৈ গ’লো ।
“আমি ঠগ খাইছিলো । বন্ধুৰ ভেশত শত্ৰু আহি আমাৰ মাজত সোমাই পৰিছিল । তেওঁ পুলিচৰ চোৰাংচোৱা আছিল বুলি জানিব পাৰি মোৰ তেজ উতলি উঠিছিল । ‘বিশ্বাসঘাতক’ বুলি চিঞৰি কৃপাণখন উলিয়াই মই খঙতে তেওঁৰ ওপৰত জঁপিয়াই পৰি প্রহাৰ কৰিলো । দুয়োৰে মাজত ডবৰা-ডবৰি হ’ল । কিন্তু তেনে সময়তে লুকাই থকা পুলিচ দুৱাৰ ভাঙি সোমাই আহি মোক ঘেৰি ধৰিলে । তেওঁলোকে মোৰ বুকুলৈ ষ্টেনগান আৰু কার্বাইন টোঁৱাই আছিল ।“ ইমানকে কৈ চর্দাৰজী মৌন হৈ গ’ল । লাহে লাহে গিলাচটো তুলি লৈ বাকী থকা বীয়েৰখিনি প্রায় একে উশাহতে শেষ কৰিলে ।
“সুৰিন্দৰৰ কি হ’ল?” মই উৎসুক হৈ সুধিলো ।
“পুলিচে তেওঁক মোক ধৰাই দিয়াৰ বাবদ ঘোষণা কৰা বিশ লাখ টকাৰ আধা দহ লাখ টকা দিলে । টকাখিনি লৈ তেওঁ দিল্লীলৈ ঘূৰি গ’ল ।“ -চর্দাৰজীয়ে ক’লে ।
“তেওঁৰ বিষয়ে আপুনি ইমানবোৰ কথা কেনেকৈ জানিলে ?” মই আচৰিত হৈছিলো ।
মোৰ কথা শুনি চর্দাৰজীৰ চেহেৰা চিয়াঁহীৰ নিচিনা হৈ গ’ল । হাত কঁপিবলৈ ধৰিলে । এয়াৰ কণ্ডিশ্বন্ড কোঠাটোৰ ভিতৰতো তেওঁৰ কপালত ঘাম বিৰিঙিবলৈ ধৰিলে ।
অৱশেষত, বহুত চেষ্টাৰ মূৰত তেওঁ কোনোমতে ক’লে—“কাৰণ, মই জচবীৰ নহওঁ । ময়ে সেই দুর্কপলীয়া সুৰিন্দৰ । সেই বিশ্বাসঘাতকজন ময়েই । ইচ্ছা কৰিয়ে মই আপোনাক কথাখিনি বেলেগ ধৰণে কৈছিলো ।“ - চর্দাৰজীৰ হাত এতিয়াও কঁপি আছিল ।
তেওঁৰ কথা শুনি মই হতভম্ব হ’লো । পিয়াজৰ বাকলিৰ দৰে যেন তেওঁৰ কাহিনীৰ পৰা ৰহস্যৰ এটা এটা তৰপ খোল খাই গৈ আছিল ।
“মোৰ সোঁ হাতৰ সৰুগাঁঠিৰ ওপৰৰ এই ঘাঁৰ দাগটো মোক জচবীৰেই দিছিল । মোৰ আচল পৰিচয় জনাৰ পিচত তেওঁ কৃপাণেৰে আক্রমণ কৰোতে এই আঘাত পাইছিলো ।“ – চর্দাৰজীয়ে খোলোচা কৰি ক’লে ।
“জচবীৰৰ কি হ’ল?” মই তেতিয়াও ৰহস্যৰ আঁত বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছিলো ।
“সেইদিনা পুৱা প্রায় চাৰে চাৰি বজাত তেওঁৰ কাৰণে পৃথিৱী স্তব্ধ হৈ গ’ল । পুলিচে মোৰ সন্মুখতে তেওঁৰ ওপৰত গুলী চলাইছিল । তেওঁ তেতিয়া নিৰস্ত্র আছিল । সেইদিনা তেওঁৰ দলৰ বেছিভাগ ল’ৰাকে পুলিচে ছল কৰি হত্যা কৰিলে । তেওঁলোক সকলোৰে মৃত্যুৰ বাবে মই দায়ী ।“ – গধুৰ মাতেৰে চর্দাৰজীয়ে ক’লে । কুৱাঁৰ অতল গভীৰতাৰ অন্ধকাৰে যেন তেওঁৰ চকু আৱৰি ধৰিছিল ।
“আপুনিনো কেলেই ইমান দু:খী হৈছে? যেনেকৈয়ে নহওক, তেওঁলোক আতঙ্কবাদীহে আছিল ।“ – তেওঁক আশ্বস্ত কৰিবলৈ ক’লো ।
“প্রত্যেক মানুহৰে ভিতৰত আৰু কেইবাজনো মানুহ থাকে । মানুহৰ সেই বিভিন্ন ৰূপৰ কোনটো আপুনি নিজৰ কৰি ল’ব খোজে সেইটো সম্পূর্ণ আপোনাৰ ওপৰত নির্ভৰ কৰে । তেওঁলোক আতঙ্কবাদী আছিল নে পথভ্রস্ত যুৱক আছিল সেইটো মই ক’ব নোৱাৰোঁ । মই মাত্র ইমানকে জানো যে টকাৰ লোভত মই এনে এজন মানুহৰ লগত বিশ্বাসঘাতকতা কৰিলো, যি নিজৰ জীৱনৰ লগত হেতালি খেলি মোৰ জীৱন বচাইছিল । যি অহৰহ প্রতিপাল কৰি মোৰ ঘাঁ শুকুৱাইছিল । তেওঁক পুলিচৰ হাতত ধৰাই দি মৃত্যুৰ মুখলৈ থেলি টকা-পইচাতো মই বহুত পালো; কিন্তু সেই দিনাৰ পৰাই মই মোৰ মনৰ শান্তি হেৰুৱালো । মোৰ অন্তৰাত্মাই মোক ৰৈ ৰৈ ধিক্কাৰ দিয়ে—‘তই এটা দগাবাজ’ । শ্লীপিং টেবলেট নোখোৱাকৈ মোৰ টোপনি নাহে । মোৰ দোষত মৰা মানুহবোৰে আহি মোৰ সপোনত ভিৰ কৰেহি । তেজেৰে লুতুৰি-পুতুৰি হৈ বিষত কেঁকাই থকা জচবীৰে প্রায়ে সপোনত দেখা দিয়েহি । তেওঁ মোক সোধেহি – মইতো তোমাক বচাইছিলো, তেন্তে তুমি মোৰ লগত বিশ্বাসঘাতকতা কিয় কৰিলা ? মই তেতিয়া তেওঁৰ চকুলৈ চাব নোৱাৰোঁ । তেওঁৰ বিস্ফাৰিত চকু, অসংলগ্ন চুলি, তেজলগা পাগুড়ী আৰু বুকুত লগা কার্বাইন আৰু ষ্টেনগানৰ গুলীবিদ্ধ চেহেৰা মোৰ চকুৰ আগত ইমান স্পষ্ট হৈ আছে যেন সেয়া কালিৰহে কথা । অথচ এইটো বিশ বছৰৰ আগৰ ঘটনা । মোৰ অতীতটো এনে এখন আইনা য’ত নিজৰ চেহেৰাটোৱেই এক বিকৃত ৰূপত ধৰা দিয়ে । মোৰ অন্তৰত এটা আর্তনাদ সমাধিস্থ হৈ আছে । জীৱনত নিজে সজা হাতকেৰেয়া নিজেই পিন্ধি আছো ।“ চর্দাৰজীয়ে এটা দীঘল উশাহ ল’লে । যেন এটা বালিত পৰি থকা শামুকৰ খোলা ।
“যি হবলগা থাকে তাক নো কোনে বাধা দি ৰাখিব পাৰে, সুৰিন্দৰভাই ? পিচে এতিয়াতো চাগে’ আপোনাৰ ওচৰত বহুত টকা-পইচা আছে ; প্লাষ্টিক চার্জাৰী কৰি হাতৰ আঘাতৰ দাগটো গুচাই নেপেলায় কিয় ? সোঁ হাতৰ সৰু গাঁঠিৰ ওপৰৰ এই দাগটো যেতিয়া সদায় নেদেখা হ’ব, তেতিয়া সময় যোৱাৰ লগে লগে হয়তো আপুনি সেই দুর্ঘটনাটোৰ কথাও পাহৰি যাব ।“- চর্দাৰজীক সান্ত্বনা দি মই পৰামর্শ দিলো ।
কাতৰ দৃষ্টিৰে মোৰ ফালে চাই চর্দাৰজীয়ে ক’লে – “সাগৰৰ ওচৰত পানী সদায় লুণীয়া । তাতো কেতিয়াবা পিয়াহত কাতৰ হৈ মৰিব লগা হ’ব পাৰে । পুলিচে জচবীৰক গুলী মাৰোতে মই তেওঁৰ ওচৰতে আছিলো । মোৰ কাপোৰ তেওঁৰ তেজৰ দাগেৰে ভৰি গৈছিল । তেওঁৰ তেজৰ চিটিকণি হাতত লাগি ধৰিছিল । এতিয়া মাজে মাজে এনে লাগে যেন মোৰ কাপোৰত তেওঁৰ তেজৰ দাগ লাগি আছে । আচলতে কিন্তু কাপোৰবোৰ সদায় পৰিষ্কাৰ । মনৰ এই সন্দেহটোৰ কাৰণে দিনটোৰ ভিতৰত কেইবাবাৰো কাপোৰ সলাওঁ । প্রায়ে যাকে লগ পাওঁ তাকে সোধোঁ – মোৰ কাপোৰত বাৰু কিবা দাগ লাগি আছে নেকি ? – এতিয়াতো এনে লাগে যেন মোৰ হাততো তেজ লাগি আছে । বাৰে বাৰে বেচিনলৈ গৈ চাবোনেৰে ঘঁহি ঘঁহি হাত ধোওঁ, কিন্তু তেজ আৰু দাগৰপৰা মই মুক্তি নাপাওঁ । বহুত দৰব খাইছো, মনোবৈজ্ঞানিকৰ ওচৰতো চিকিৎসা কৰাইছো; কিন্তু লাভ একো পোৱা নাই । আপুনি ঠিকেই কৈছে । আজি মোৰ টকা-পইচাৰ অভাৱ নাই । প্লাষ্টিক চার্জাৰী কৰাই এই দাগটোৰপৰা মই হয়তো মুক্তি পাম, কিন্তু মোৰ মনৰ ভিতৰত যি দাগ ৰৈ গ’ল তাক মই কেনেকৈ নাইকিয়া কৰিব পাৰিম ?”
মই নির্বাক হৈ তেওঁলৈ চাই থাকিলো । মোৰ ওচৰত তেওঁৰ প্রশ্নৰ কোনো উত্তৰ নাছিল । তেওঁৰ ভিতৰত যেন এখন সমুদ্র গোট মাৰি আছিল । এটা জীৱনৰ সমান বিশাল আছিল তেওঁৰ দু:খ ।
ৱেইটাৰক মাতি বীয়েৰৰ দাম আৰু টিপ্চ দি আমি “ভল্গা”ৰপৰা ওলাই আহিলো । তেতিয়া ৰাতি ন বাজিছিল । বতাহত ৰাতিৰ সুবাস । লাইটৰ পোহৰত জিল্মিলাই থকা ওখ ওখ দালানৰ শ্ব’ৰুমবোৰৰ পিচফালে আকাশত শুক্লা অষ্টমীৰ জোনটোৱে কোমল হালধীয়া পোহৰ বিলাইছিল ।
হঠাতে পাহৰি যোৱা কথা এটা মনত পৰাৰ দৰে তেওঁ আকৌ সুধিলে – “মোৰ কাপোৰত ক’তো দাগ-চাগ লাগি থকা নাই তো ?” তেওঁৰ কপালত চিন্তাৰ বলিৰেখা ফুটি উঠিল । দুচকুত কবৰৰ অন্ধকাৰ । নিজেই নিজৰ মাজত বন্দী হৈ তেওঁ চট্ফটাই আছিল ।
তেওঁৰ কান্ধত সহানুভূতিপূর্ণ হাত এখন থৈ মই মূৰ লৰাই ‘না’ বুলি ক’লো । তেওঁ যেন বহুত দূৰৰ ক’ৰবাৰপৰা উলটি আহিল । বিশাল সময়সমুদ্রৰ কেইটামান মৌন মুহুর্ত নিয়ৰকণাৰ দৰে টপ্ টপকৈ সৰি পৰিল ।
তেওঁপৰা বিদায় লোৱাৰ সময় আহি পৰিছিল । হাত আগ বঢ়াই তেওঁৰ লগত কৰমর্দন কৰি বিদায় ল’ব খুজিলো । কিন্তু তেতিয়ালৈ তেওঁৰ চকুৰপৰা পৰিচিতিয়ে মেলানি মাগিছিল ।
“কিছুমান ঘাঁ কেতিয়াও নুশুকায়, কিছুমান দাগ কেতিয়াও নোহোৱা নহয়”, আকাশৰ ফালে চাই তেওঁ মুখৰ ভিতৰতে কোৱাৰ দৰে ক’লে । আগ বঢ়াই দিয়া মোৰ হাতখন আওকাণ কৰি তেওঁ পার্কিঙত থকা হোণ্ডা চিটী গাড়ীখনৰ ফালে আগুৱাই গ’ল । তাতে ৰৈ মই ওলাই গৈ ভিৰত মিলি যোৱা তেওঁৰ গাড়ীখনৰ পিচফালৰ লাইট দুটা চিনিব নোৱৰা হোৱালৈকে চাই থাকিলো ।
পৃষ্ঠাঃ ৪৭
ৰেচিপিঃ
ধকলা
কাশ্যপী বৰুৱা
জাঁজী, জামুগুৰি
১কাপ বেচন
১চামুচ-- আদা আৰু কেঁচা জলকীয়া বটা
২চামুচ চুজি
১/২ চামুচ নিমখ,
১/২ চামুচ হালধি,
eno ১চামুচ,
১চামুচ ৰিফাইন তেল,
২চামুচ চেনী,
৪ চামুচ নেমু ৰস,
১/২ গিলাচ পানী
তাৰকাৰ কাৰণে
১৫ নৰসিংহ পাত,
৪ টা কেঁচা জলকীয়া,
২চামুচ নেমু ৰস
১চামুচ সৰিয়হ,
1চামুচ চেনি
১/২ নিমখ
প্ৰথমে বেচন খিনি এখন চেকনীৰে চালি লব।এটা ডাঙৰ পাত্ৰত বেচন,চুজি, হালধি ,চেনী,নিমখ ,নেমুৰ ৰস , ৰিফাইন মিলাই লব।পানী ৰে সৈতে এটা ঘোল বনাই লব। ঘোলটো একেবাৰে ডাঠও হ'ব নালাগে আৰু একেবাৰে পাতল ও নকৰিব।এখন ঢাকোন দি ১৫/২০ মিনিটৰ কাৰণে মিশ্ৰণ টো বেলেগে ৰাখি দিব। এটা কেক্টিনত অলপ তেল ভালকৈ সানি থব।
এখন কেৰাহীত অলপ পানী আৰু এডাল ষ্টেণ্ড দি ঢাকোন দি গৰম হ'বলৈ দিব। এতিয়া ধকলাৰ মিশ্ৰনখিনিত ইন' আৰু এচামুচ পানী দি খৰকৈ লৰাই কেক্টিনটোত বাকি দিব। কেৰাহীৰ পানী খিনি উতল আহিলে পাত্ৰটো কেৰাহীত দি গেছ টো মধ্যমীয়া কৰি ঢাকি দিব। ১৫/২০মিনিটৰ পিছত ধকলাটো কেৰাহীৰ পৰা নমাই ঠাণ্ডা হ'বলৈ ৰাখিব।
এখন কেৰাহীত দুচামুচ তেল গৰম হ'বলৈ দি সৰিয়হ দি দিব। সৰিয়হ খিনি ফুটিব ধৰিলে তাত নৰসিংহ পাত , দুফালকৈ কাটি লোৱা জলকীয়া দি পানী দিব।এতিয়া চেনী ,নিমখ , নেমু দি চেনি খিনি গলিলে গেছ টো নুমাই দিব।
ধকলাটো ঠাণ্ডা হলে চাৰিচুকীয়াকৈ কাটি তাত তৈয়াৰ কৰা পানী খিনি চামুচ এখনেৰে অলপ অলপ কৈ দিব। প্ৰথমে দি অলপ সময়ৰ পিছত আকৌ দিব কাৰণ বেচনে পানী বহুত সুহে। এতিয়া যিকোনো এটা সেউজীয়া চাটনিৰ লগত বনাই পৰিবেশন কৰিবচোন।
পৃষ্ঠাঃ ৪৮
নীলা খামৰ চিঠিঃ
প্রতি
মৰমৰ
প্রিয়জন.......
আশাকৰোঁ তুমি কুশলে আছা.., মই জানো এই ইন্টাৰনেট, মেইলৰ যুগতো তোমালৈ চিঠি লিখা দেখি তুমি আচৰিত নিশ্চয় হৈছা ,
নুসুধিবা দেই শেৱালি তলৰ আৱেলিবোৰ কেনেকৈ পাৰ হয় আজিকালি..? শৰতৰ আকাশে জানো এতিয়া ৰ'দৰ ছায়া দেখুৱায় ? বুকুৰ জীয়াধলত কিহৰ গৰাখহনীয়া হয়...? কলংপৰীয়া সন্ধিয়া কি সুৰ বাজে আজিকালি...? খিৰিকীৰ কাষৰ জোনাক জাকে কিহৰ বতৰা আনে..?
স্বপ্নবিভোৰ মনত প্রিয়জনৰ ছবিয়ে দুলনি দিয়েনে..?
অহ্ মই পাহৰিছিলোৱেই তুমিতো এইবোৰৰ পৰা বহুত দূৰত আজিকালি... তুমিতো একবিংশ শতিকাৰ বাসিন্দা । উচ্চাকাংক্ষা বোৰেতো তোমাক এতিয়া খুলি খুলি খাইছে, নাজানো তোমাৰ এতিয়া ঠিকনা ক'ত...? ব্যস্ত হৈ আছা চাগে কোনো ধনী লোকৰ ছোৱালীবোৰৰ মন ভুলোৱাত আৰু বহুতৰে সপোন ভঙাত । মনত আছেনে...তুমি যে কৈছিলা ৰোমিঅ'-জুলিয়েটৰ প্রেম গাথা.. শকুন্তলাৰ চকুত জিলিকা দুষ্মন্তৰ চুমাৰ চেকাটো , হেই তোমাক কিয় যে কৈ আছো নহয়, তুমিতো আজিকালি মুকলি আকাশৰ তলত ন'বহা.. তুমিতো চহৰৰ অলিয়ে গলিয়ে বাইকৰ পাছত এগৰাকী লৈহে ঘূৰি ফুৰা.. চিঠি নিলিখি কি কৰিম কোৱা আজিকালিতো মা-দেউতাৰ বুকুত সোমাই কান্দিব নোৱাৰো .. ভাগি যোৱা সপোনবোৰৰ কথা কব নোৱাৰো , আঘাট বোৰত নিমখ চটিওৱা যেন হে লাগে ।
ফাগুনৰ নাঙঠ ঘাটত আশাবোৰে বাট হেৰুৱাই.....
কেতিয়াবা চিঞৰি চিঞৰি কবলৈ মন যায় ভাল পাব নোৱাৰিলে, অভিনয় কৰি অন্ততঃ হৃদয় নাভাঙিবা _
কিন্তু নিৰুপায়, মৌনতাই স্মৃতিৰ পেৰাত আশাবোৰ জী উঠিব শিকাই, মিছা মৰীচিকা খেদি......
তোমাক আমনি কৰাৰ কাৰনে বেয়া নাপাবা দেই, পাৰিলে এটা কথা ৰাখিবা, যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি কেতিয়াবা নিজৰ মনটোৱে কি বিচাৰে বুজি চাবা চোন...? প্রেমৰ বজাৰ খনতো নিজকে ইমানো সস্তা কৰি নুতুলিবা যে কোনোবাই তোমাৰ স্বাভিমানক ধূলিস্যাত কৰিব পৰাকৈ ......
শেষত এষাৰেই কওঁ, মাথোঁ তুমি কুশলে থাকিবা আঁতৰি আঁতৰিও যেন মোৰ হৃদয়তে থাকিবা........
ইতি তোমাৰ
অনুভৱৰ লগৰী
বৰ্ষা (মৰম) দত্ত
ধেমাজি
পৃষ্ঠাঃ ৪৯
আমাৰ সংবাদঃ
অংকুৰণ প্ৰকাশনৰ
জ্যোতিকণা কাব্যগ্ৰন্থ উন্মোচন
যোৱা ৩০ ছেপ্টেম্বৰ তাৰিখে দিনৰ ১০ বজাৰ পৰা যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংকুৰণ প্ৰকাশনৰ পৰা প্ৰকাশিত কবি অজিত চন্দ্ৰ ভূঞাৰ কাব্যগ্ৰন্থ 'জ্যোতিকণা' উন্মোচন হয়। গোলাঘাট বগৰিয়নী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰাজশ্ৰী বৰাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত উন্মোচক হিচাপে উপস্থিত থাকি নকছাৰি ভেল'গুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক অজিত বৰাদেৱে সাৰুৱা মন্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে নিৰ্দিষ্ট বক্তা হিচাপে শংকৰদেৱ বিদ্যা নিকেতন, গড়মূৰ, যোৰহাটৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰমথ কুমাৰ বৰুৱা, নিমন্ত্ৰিত অতিথি হিচাপে অৱসৰপ্ৰাপ্ত বেংক বিষয়া প্ৰদীপ ভূঞা, লেখক তথা শিক্ষক বাচাৰাম দলে, কাজিৰঙা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন গ্ৰন্থাগাৰীক ড০ তন্ময় সভাপণ্ডিত, কবি আৰতি টুকুৰিয়াই ভাষণ আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী জ্যোতিৰূপা আৰু প্ৰস্তুতিয়ে মঙ্গলাচাৰণ কৰে। উল্লেখ্য যে অনুষ্ঠানটিত ৰীতা দত্ত, মঞ্জিত হাজৰিকা, মফিদা বেগম, চয়নিকা বৰুৱাই কবিতা পাঠ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানৰ শেষত প্ৰকাশক হেমেন নাথে অসমীয়া গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কত সাৰুৱা ভাষণ আগবঢ়ায় কবিগৰাকীক শুভেচ্ছা প্ৰদান কৰে।
পৃষ্ঠাঃ ৫০
শেষ পৃষ্ঠাৰ কলমঃ
কিতাপ পঢ়াৰ আনন্দ
পৰিণীতা কলিতা
সহ সম্পাদক অঙ্গন
ভ্ৰাম্যঃ 91275 64124
কৰ'ণা মহামাৰীৰ ফলত চৰকাৰে দিয়া লকডাউনৰ সময়তে বহুদিনৰ পৰা পঢ়িম বুলি ভাবি থোৱা কিতাপখন হাতত তুলি ল'লো ৷ সেইখন হ'ল ড· বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱৰ 'নিজানত অকলে কেতিয়াবা" ৷ কাব্য গ্ৰন্থখন পঢ়ি মনত এক বুজাব নোৱাৰা আৱেগৰ সৃষ্টি হ'ল ৷
কাব্যসংকলনখনত সন্নিবিষ্ট আটাইকেইটা কবিতাই কবিৰ মনত জাগি উঠা প্ৰেম, প্ৰেয়সীৰ প্ৰতি মান-অভিমান, প্ৰেমত বিধ্বস্তৰ পৰিণতি, অতীতৰ কৃষ্টি-সংস্কৃতি অবিহনে যে সমাজ বাচি নাথাকে, মাতৃভূমিৰ প্ৰতি আমাৰ কৰণীয়, মানুহৰ প্ৰতি ভালপোৱা ইত্যাদিৰে পাঠকৰ ওচৰত এটি চিন্তাগধূৰ ভাৱধাৰা দাঙি ধৰিছে ৷ কাব্যসংকলনখনত এনে এটা বিষয় নাই য'ত কবিৰ স্পৰ্শ নাই ৷ সাহিত্যৰ দিশত তেওঁৰ সৃষ্টিমূলক আৰু বিশ্লেষণাত্মক, এই উভয়বিধ প্ৰতিভাৰ স্ফূৰণ লক্ষ্যণীয় ৷
পোনপ্ৰথমে জনাব বিচাৰিছোঁ কাব্যসংকলনখনত ৬৪ টা কবিতা সন্নিবিষ্ট আছে ৷ 'নিশাৰ আন্ধাৰত ' নামৰ প্ৰথম কবিতাটোৰ দ্বাৰা কবিয়ে অতীতৰ দিনবোৰলৈ মনত পেলাইছে ৷ পোহৰৰ দীপ্তি পাবলৈ আন্ধাৰক ভেঙুচালি কৰি থাকোঁতে শৈশৱৰ ভাললগাবোৰ ক'ত হেৰাই গ'ল ৷ কবিয়ে গমকে নেপালে ৷ যেতিয়া কবি অতীতৰ কথাবোৰ ৰোমন্থন কৰিবলৈ ল'লে ৷ তেতিয়া তেওঁৰ কাষত আন্ধাৰৰ বাদে কোনো সহযোগী নোলাল ৷
স্মৃতিৰে আন বহুতৰ দৰে কবিকো উন্মনা কৰে, আশাহত কৰে আৰু ভাগৰুৱা কৰে ৷ যেতিয়া পাহৰণিৰ কুঁৱলি ফালি আহে সোঁৱৰণী ৷ কবি আশাত বন্দী হৈ পৰে ৷ 'মই তেওঁৰে প্ৰেমিক' কবিতাটোত কবিৰ প্ৰেয়সী কাষত নাথাকিলেও তেওঁৰ প্ৰতিটো দিন-ৰাতি প্ৰেয়সীৰ নামতে উচৰ্গিত বুলি উল্লেখ কৰিছে ৷
সুখৰ মৰীচিকা খেদি খেদি কবি আশাহত হৈ পৰিছে ৷ তেওঁৰ বাবে প্ৰাপ্তি মাথোঁ দুখৰ সাগৰ ৷ কবিয়ে 'সুৰ এটা হৈ' কবিতাটোত উল্লেখ কৰিছে এনেদৰে -
' মাটিৰ আহ্বান মৰমৰ
সৰগৰ আহ্বান মৰমৰ
মাটি আৰু সৰগৰ
টনা-আঁজোৰাত
বিলীন হৈ যায় আমাৰ
সত্তাৰ ঢউ আৰু সোঁত
আমি শুই পৰোঁ
বাটৰ মূৰত
সুৰ এটা হৈ ৷
কবিৰ ক'তো শান্তি নাই ৷ মানুহৰ জীৱনৰ কেতবোৰ এৰাব নোৱাৰা সমস্যাৰ প্ৰতি কবি সদা সচেতন ৷ ' বতাহজাক বলি আছে ' কবিতাটোত কবিয়ে কৈছে-
' বতাহজাকত উৰি আহিছে
সুগন্ধি ফুলৰ সুবাস
উৰি আহিছে
গছ-লতিকাৰ সৰাপাত
আৰু উৰিছে ধূলি-ধোঁৱা
আৰু ছাই
তাৰ মাজত বিননি
কোনোবাই ক'ৰবাত বিনায়
বতাহে বিননি কঢ়িয়ায়
আৰু কঢ়িয়ায় আৰ্তনাদ
অথবা বেসুৰা চিঞৰ
বতাহজাক বলি আছে এনেদৰে ৷
'নৈখনত সাঁতুৰি-নাদুৰি
এজাক মানুহ
মতা-তিৰোতা
ক'তে বা এৰি থৈ আহিছে
ঘৰ -বাৰী ৷'
- 'নেৰানেপেৰা বৰষুণত' উক্ত কবিতাটোত কবিয়ে বানপানীয়ে কেনেকৈ মানুহৰ জীৱন দূৰ্বিসহ কৰি তোলে ৷ তাৰে বৰ্ণনা কৰিছে ৷
কবিৰ জীৱন দুখ-বেদনাৰে ভৰপূৰ ৷ দুখৰ পৰা পৰিত্ৰাণ বিচাৰি কবি হায়ৰান ৷ কবিয়ে বিচাৰি ফুৰে পোহৰৰ বাট ৷ সেই পোহৰৰ উত্তাপ যেন কবিৰ একমাত্ৰ প্ৰাপ্তি ৷ কবিয়ে প্ৰাপ্তিৰ পাহাৰ সাজে এনেদৰে-
' এই মাটিতেই ছটিয়াওঁ
শইচৰ বীজ
মই মাটি খান্দি ৰুওঁ
গছপুলি
এই মাটিৰ সীৰলুত বিচাৰোঁ
মোৰ পিতাৰ-পিতামহৰ-প্ৰপিতামহৰ ছাঁ
এই মাটিকেই
সাৱটি লওঁ
দুহাতেৰে বুকুত
চেতনাৰ অংগ বুলি ৷'
নতুনৰ সপোন কবিৰ আজন্ম সাধনা ৷ সেয়ে কবিয়ে 'একেলগে আগুৱাই আছোঁ ' কবিতাটোত এনেদৰে উল্লেখ কৰিছে-
'এন্ধাৰে জোনাকে
দিনে ৰাতিয়ে
একেলগে আগুৱাই আছোঁ
'আৰু কথা পাতিছো
পৰস্পৰে নিৰন্তৰ ৷'
সামগ্ৰীকভাৱে 'নিজানত অকলে কেতিয়াবা', কবিৰ অন্তৰৰ ভালপোৱাৰ সৰল বহি:প্ৰকাশ, ব্যক্তি আৰু সমাজলৈ এক প্ৰেমৰ সৰল আবেদন দাঙি ধৰিছে ৷ কবিৰ মতে প্ৰেম আৰু ভালপোৱা অপ্ৰাপ্তিৰ মৰুদ্যান নহয়, য'ত প্ৰেমে -অভিমানে হাতে হাত ধৰাধৰিকৈ আগবাঢ়ে ৷ কবিয়ে ভাবে প্ৰেম অন্তৰমুখী পোহৰৰ প্ৰতিফলন ৷ মুঠতে ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱৰ কাব্যসংকলন' নিজানত অকলে কেতিয়াবা' ত কবিৰ সৰল মনৰ পৰিচয় প্ৰকাশ পাইছে ৷
পৃষ্ঠাঃ ৫১
বেটুপাত ৪ঃ
0 Comments