অঙ্গন (দ্বিতীয় বছৰ ৮ম সংখ্যা)


পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
30 ছেপ্টেম্বৰ 2021.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৫
প্ৰৱন্ধ : পৃষ্ঠা ৬-৯
ধাৰাবাহিক : পৃষ্ঠা ১০-১১
অণুগল্প : পৃষ্ঠা ১২-১৩
এক মিনিটৰ গল্প : পৃষ্ঠা ১৪-১৫
অনুবাদ কবিতা : পৃষ্ঠা ১৬-১৮
কবিতা : পৃষ্ঠা ১৯-৩৩
অনুভৱ : পৃষ্ঠা ৩৪
শিশু বিশেষ : পৃষ্ঠা ৩৫
ভ্ৰমণ কাহিনী : পৃষ্ঠা ৩৬
নীলা খামৰ চিঠি : পৃষ্ঠা ৩৭
ৰেচিপি : ৩৮
গল্প : পৃষ্ঠা ৩৯-৪২
আৰ্ট গেলাৰী : পৃষ্ঠা ৪৩
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৪

পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
প্ৰীতিৰেখা দাস
বাংগালোৰ, কৰ্ণাটক
ফটোগ্ৰাফাৰঃ উৎপল মেধি।

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।

পৃষ্ঠা ৫
সম্পাদকীয়ঃ

মাজুলীৰ দুখ


মাজুলী কেৱল মোৰেই বুকুৰ আপোন নহয়। মোৰ দৰে শত সহস্ৰজনৰ বুকুৰ আপোন এই মাজুলী, সমগ্ৰ অসম তথা ভাৰতভূমিৰ উপৰিও বিশ্বৰ বহু দেশৰ বহু লোকৰ বুকুৰ আপোন। ব্ৰহ্মপুত্ৰৰ হৃদপিণ্ড, যাৰ সত্ৰীয়া সংস্কৃতিয়ে বিশ্বক আকৰ্ষণ কৰে সেই মাজুলীৰ লোকসকলৰ সহজ-সৰল ব্যৱহাৰে সদায়ে আমাক আকৰ্ষিত কৰি আহিছে। অতিথিপৰায়ণ মাজুলীবাসীৰ লগত মোৰ এটা আত্মিক তান নথকা নহয়। মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্যই সদায়ে মোক মোহাচ্ছন্ন কৰি ৰাখিছে। মাজুলীত বিগত পাঁচ বছৰত প্ৰায় প্ৰতিবাৰেই ৰাসৰ সময়ত সংগীতৰ কাম কৰিছোঁ। পূৰ্বতে অংকুৰণ শিশু আলোচনীখনৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে কেবাবাৰো মাজুলীলৈ গৈছোঁ। বৰ্তমানেও প্ৰকাশনৰ কামত প্ৰতি মাহে দুই তিনিবাৰ মাজুলীলৈ যাব লগীয়া হয়। সঁচা কথা ক'বলৈ গ'লে, মাজুলীলৈ গ'লে এতিয়া সকলোকে ফ'ন কৰি নজনাওঁ। কিয়নো কোনোবা এজনৰ কাষৰ পৰা উভতি আহিলে আন কেবাজনেও মনত বেজাৰ পায়, যিটো কথাই মোক কষ্ট দিয়ে।

যোৱা ৮ ছেপ্টেম্বৰৰ ঘটনাটোৱে ইতিমধ্যে আমাক মৰ্মাহত কৰি তুলিছে। এই ঘটনাটোত আমাৰ মাজৰ পৰা হেৰাই গ'ল প্ৰচুৰ সম্ভাৱনা থকা ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাস, চিকিৎসক বিক্ৰমজিৎ বৰুৱা আৰু শিক্ষক ইন্দ্ৰেশ্বৰ বৰা। এই দুৰ্ঘটনাটোৱে যেন আমাৰ সন্মুখত হাজাৰটা প্ৰশ্ন থিয় কৰালে। যেতিয়াই মাজুলীলৈ যাওঁ তেতিয়াই প্ৰায়ে লক্ষ্য কৰোঁ যে ৰ'ৰ' আৰু ৰ'পেক্স নামৰ দুখন প্ৰকাণ্ড জাহাজ নিমাতিঘাটত ৰখাই থোৱা থাকে। প্ৰায়েই শুনো যে দুয়োখনেই বিকল হৈ পৰি আছে। আৰু কেতিয়াবা সেই দুখন চলিলেও ব্যস্ততাপূৰ্ণ সময়ৰ পৰিৱৰ্তে যি সময়ত যাত্ৰীৰ সমাগম ক'ম তেনে সময়ত চলোৱা হয়। আনহাতে যি কেইখন সৰু ফেৰীত আমি যাত্ৰা কৰিবলগীয়া হয় তাতো দেখা যায় যে ফেৰীখনৰ বহন ক্ষমতা অতিক্ৰমী তাত গাড়ী, বাইক আদিৰ লগতে বয় বস্তু উঠোৱা হয়। কোনোবাই প্ৰতিবাদ কৰিলেও একাংশ কৰ্মচাৰীৰ ব্যৱহাৰত লাজ পাবলগীয়া হয়। তথাপিও এইদৰেই অতি বিপদশংকুল পৰিস্থিতিৰে মাজুলীলৈ যাবলগীয়া হয়। কেতিয়াবা ফেৰীসমূহৰ এটা চুকত দুই এটা লাইফ জেকেট দেখো যদিও আজিলৈকে কোনোদিনেই বিভাগীয় কৰ্তৃপক্ষই সেই জেকেটবোৰ কিদৰে পৰিধান কৰিব লাগে সেই সম্পৰ্কে কাকোৱেই অৱগত কৰা দেখা নাই। এপাচি শাকত এটা জ্বলকীয়া সদৃশ এই জেকেটবোৰ কেৱল আনক দেখুৱাবৰ বাবেহে ব্যৱহাৰ কৰা যেন পৰিলক্ষিত হয়। ইমানবোৰ আসোঁৱাহ থকা স্বত্তেও কিয় মাজুলী আৰু যোৰহাট প্ৰশাসনে চকু মুদা কুলিৰ ভাও ল'লে এয়া ৰহস্য হৈয়েই ৰ'ল । 

বিগত ২০১৬ চনৰ ২৬ মাৰ্চত ভাৰতৰ মহামান্য প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আগন্তুক ৫ বছৰৰ ভিতৰত মাজুলীবাসীয়ে দলং লাভ কৰিব। কিন্তু পাঁচ বছৰৰ পিছতো দলংখনৰ এটাও খুঁটা হৈ নুঠা ঘটনাটোৱে মাজুলীবাসীক ভাবিবলৈ বাধ্য কৰাইছে যে আন ৰাজনৈতিক দলবোৰৰ দৰে বিজেপিয়েও মাজুলীবাসীক প্ৰতাৰণাই কৰিলে। এতিয়ালৈকে দলংখনৰ দুবাৰকৈ আধাৰশীলা স্থাপন কৰা হ'ল। কিন্তু লাহে লাহে যেন সকলো ফুটুকাৰ ফেন হৈ পৰিল। একে বছৰৰে ৮ ছেপ্টেম্বৰত মাজুলী জিলা হিচাপে ঘোষণা হোৱাত মাজুলীৰ প্ৰতিঘৰতেই আশাৰ এগছি বন্তি জ্বলিল। কিন্তু জিলা ঘোষণা হোৱাৰ পিছত মাজুলীবাসীয়ে কি পালে ? কি পৰিৱৰ্তন আহিল মাজুলীৰ জনসাধাৰণৰ জীৱনলৈ? কেৱল চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰ তাৰিখতেই মাজুলী সংযোগী নিমাতিঘাটত সংঘটিত হ'ল আটাইতকৈ কলংকিত দুৰ্ঘটনাটো।

বৰ্তমান মাজুলীত উপ নিৰ্বাচনৰ বতাহ বলিবলৈ লৈছে। মাজুলীবাসীয়ে ভাবিবলৈ বাধ্য হৈ পৰিছে যে উপ নিৰ্বাচনৰ বাবেই এতিয়া এই দুৰ্ঘটনাটোৰ আলম লৈ নেতা পালিনেতাৰ আহ যাহ চলিছে নেকি মাজুলীলৈ! প্ৰতিবাৰৰ দৰে এইবাৰো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে চাৰিবছৰৰ মূৰত দলংখন হৈ নুঠিব নেকি ! ব্ৰহ্মপুত্ৰৰ বুকুত পূৰ্বৰ দৰেই যাত্ৰীসকলে প্ৰাণটো হাতত লৈ যাত্ৰা কৰিব লাগিব নেকি ! ইত্যাদি এশ এবুৰি প্ৰশ্নৰ উত্তৰ যেন আজি কোনেও দিব নোৱাৰে।

শেষত, মাজুলীবাসীলৈয়েই নহয়, সমগ্ৰ দেশবাসীক অনুৰোধ জনাইছোঁ― সকলোৱে একেস্বৰে দলংখনৰ পক্ষত মতামত দিয়ক। এই প্ৰচেষ্টাই নিশ্চয় এদিন সফলতাৰ মুখ দেখুৱাব।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 9678696861

পৃষ্ঠা ৬
প্ৰৱন্ধঃ
কৰ'না ভাইৰাছ-২০১৯

অনামিকা শইকীয়া
ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট
যোৰহাট

চমুকৈ COVID-19 হ'ল severe acute respiratory syndrome coronavirus 2 (অতিকৈ তীব্ৰ শ্বাসজনীত লক্ষণীয় কৰ'নাভাইৰাছ ২) বা চমুকৈ SARS-CoV-2এ কৰা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। ২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ চনৰ পৰা বৰ্তমানলৈকে বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে। প্ৰথম গৰাকী ৰোগী ২০১৯ চনৰ ১৭ নৱেম্বৰত চিহ্নিত কৰা হৈছিল৷ বৰ্তমানলৈকে বিশ্বজুৰি ২২ কোটিৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু লাখৰো অধিক লোকৰ মৃত্যু ঘটিছে।
কৰ'নাভাইৰাছৰ অন্যান্য নাম সমূহ হ’ল- কৰ'না , ক'ভিড, ২০১৯-nCoV, একিউট ৰেছ্‌পিৰেটৰী ডিজিজ, ন'ভেল কৰ'নাভাইৰাছ নিউম'নিয়া, নতুন বীজাণুৱে কৰা তীব্ৰ নিম'নিয়া (Severe pneumonia with novel pathogens) জ্বৰ, কাহ, ভাগৰ লগা, উশাহ লওঁতে কষ্ট হোৱা, আৰু গোন্ধ আৰু সোৱাদ হেৰুৱা এই ৰোগৰ সাধাৰণ লক্ষণ৷ অধিকাংশ ৰোগীৰে এই লক্ষণ দেখা যায় যদিও একাংশৰ চাইট'কাইন ষ্টৰ্ম, দেহৰ অংগসমূহ বিকল হোৱা, ছেপ্টিক শ্বক,একিউট ৰেছ্‌পিৰেটৰী ডীষ্ট্ৰেছ ছীণ্ড্ৰ'ম (ARDS) আদিও হয়গৈ। ভাইৰাছৰ আক্ৰমণৰ পৰা লক্ষণ ওলাবলৈ সাধাৰণতে পাঁচ দিন লাগে, কিন্তু দুইৰ পৰা চৈধ্য দিন পৰ্যন্ত হ'ব পাৰে। সাধাৰণতে এই ভাইৰাছ মানুহৰ নিকট সংস্পৰ্শত আৰু কাহ-হাঁচি মাৰিলে আৰু কথা ক'লে ওলোৱা শ্বসন ড্ৰপ্‌লেটৰ জৰিয়তে বিয়পে। এই ড্ৰপ্‌লেটবোৰ সাধাৰণতে বতাহত দূৰলৈ যোৱাৰ সলনি মাটিলৈ বা পৃষ্ঠলৈ সৰি পৰে। দূষিত পৃষ্ঠ চুই মুখমণ্ডলত হাত লগালেও ই বিয়পিব পাৰে। ৰোগৰ লক্ষণ ওলোৱাৰ তিনিদিনৰ ভিতৰত ই আটাইতকৈ বেছি সংক্ৰামক, কিন্তু লক্ষণ ওলোৱাৰ আগতেই আৰু লক্ষণ নথকা লোকৰ পৰাও ৰোগ সোঁচৰা সম্ভাৱনা থাকে৷ নাসিকা নলীৰ পৰা কপাহেৰে লোৱা নমুনা (nasopharyngeal swab) reverse transcription polymerase chain reaction (RT-PCR) পৰীক্ষা কৰি এই ৰোগৰ স্থিতি নিৰ্ণয় কৰা হয়। লক্ষণ আৰু বিপদাশংকাৰ ওপৰত ভিত্তি কৰি সন্দেহ হ'লে বুকুৰ চি টি স্কেনো সহায়ক হয়, কিন্তু নিয়মীয়া পৰীক্ষাৰ বাবে নিৰ্দেশাৱলীয়ে চি টি স্কেন অনুমোদন নকৰে।

ঘনাই হাত ধোৱা, ঘনাই চেনটাইজ কৰা, আন লোকৰ পৰা আঁতৰি থকা (বিশেষকৈ লক্ষণ থকাসকলৰ পৰা), কোৱাৰেন্টিন (বিশেষকৈ লক্ষণ থকাসকলে), কাহ আৰু নুধুৱা হাত মুখমণ্ডলৰ পৰা আঁতৰাই ৰখা এই ৰোগ প্ৰতিৰোধৰ অনুমোদিত বিধি। স্বাস্থ্য বিষয়াসকলে ৰাজহুৱা স্থানত সাধাৰণ লোকে মাস্ক বা মুখবন্ধ ব্যৱহাৰ কৰাত অনুমোদন জনাইছে আৰু এইয়া অতিকৈ বাধ্যতামূলক। N95 ৰ দৰে মেডিকেল মাস্ক স্বাস্থ্য কৰ্মী আৰু ৰোগীক পৰিচৰ্যা কৰা লোকসকলেহে পৰিধান কৰিব লাগে বুলি জনোৱা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থ্যই ২০২০ চনৰ ৩০ জানুৱাৰীত কৰ'না ভাইৰাছ মহামাৰীক আন্তঃৰাষ্ট্ৰীয় আশংকাৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা (Public Health Emergency of International Concern - PHEIC) বুলি ঘোষণা কৰে আৰু একে বছৰৰে ১১ মাৰ্চত বিশ্ব মহামাৰী (pandemic) বুলি ঘোষণা কৰে।
লক্ষণ আৰু ভয়াৱহতাঃ
জ্বৰ ক'ভিড-১৯ৰ আটাইতকৈ সাধাৰণ লক্ষণ, কিন্তু ইয়াতো তীব্ৰতা আৰু উপস্থাপনৰ বিভিন্নতা দেখা যায়। বয়সীয়াল, কম প্ৰতিৰোধী ক্ষমতাৰ, বা গুৰুতৰভাৱে আক্ৰান্ত লোকৰ জ্বৰ নুঠিবও পাৰে। এটা অধ্যয়নত প্ৰকাশ পাইছে যে চিকিৎসালয়লৈ যোৱাৰ সময়ত মাত্ৰ ৪৪% ৰোগীৰহে জ্বৰ আছিল আৰু চিকিৎসালয়ত থকাৰ সময়ছোৱাত ৮৯% লোকৰ জ্বৰৰ লক্ষণে দেখা দিছিল। জ্বৰ নুঠিলে সংক্ৰমণ নাই বুলি নিশ্চিত হ'ব নোৱাৰি।
কাহ,আভোক(Anorexia), ক্লান্তি ,শ্বাসকষ্ট, খেকাৰ ওলোৱা, পেশীৰ বিষ আৰু গাঁথিৰ বিষ, গোন্ধ আৰু সোৱাদ নোপোৱা(Anosmia) আন আন সাধাৰণ লক্ষণ। কোনো কোনো লোকৰ উকালি, বমি আৰু পেটচলা দেখা যায়৷ হাঁচি, নাকৰ পানী ওলোৱা, ডিঙিৰ বিষ আৰু ছালৰ ক্ষতি কমকৈ হোৱা লক্ষণ। সাধাৰণতে কোনো ব্যক্তি প্ৰথম সংক্ৰমণ হোৱাৰ পৰা ৰোগৰ লক্ষণ ফুটি উঠালৈ কিছু সময় লয়। এই সময়ছোৱাক উপ্তিকাল (Incubation period) বুলি কোৱা হয়। COVID-19 ৰোগত উপ্তিকাল সাধাৰণতে পাঁচৰ পৰা ছয় দিন কিন্তু দুইৰ পৰা চৈধ্য দিনলৈকে হ'ব পাৰে। প্ৰায় ১০ শতাংশ লোকৰ লক্ষণ পলমকৈ দেখা দিয়ে। লক্ষণৰ গতি চাই সোনকালে ৰোগ নিৰ্ণয় কৰিব পাৰি। প্ৰাৰম্ভিক অৱস্থাত কেইবাটাও লক্ষণ দেখা গ'লেও সাধাৰণতে উশাহ চুটি হোৱা দেখা নাযায়। প্ৰাৰম্ভিক লক্ষণসমূহৰ কেইবাদিনৰ পাছতহে উশাহ চুটিৰ লক্ষণ ওলায়। জ্বৰ আৰু কাহৰ লগে লগে শ্বাসকষ্ট হ'লে সেয়া ক'ভিড-১৯ তকৈ দুঃচিন্তা হোৱাৰ সম্ভাৱনাহে বেছি। শ্বাসকষ্ট আৰম্ভ হোৱাৰ পাছৰ দিনকেইটা জটিল হৈ উঠিব পাৰে৷ কম সংখ্যক লোকৰ কোনো সময়তে একো লক্ষণ নোলায়। এই লক্ষণবিহীন বাহক সকলৰ সাধাৰণতে পৰীক্ষা কৰা নহয় কিন্তু ২০২০ চনৰ জুনত WHO ই স্পষ্ট কৰে যে তেওঁলোকে "লক্ষণবিহীন" বুলি কোৱা কথাটোত প্ৰাক্‌-লাক্ষণিক (pre-symptomatic) কম লক্ষণ থকা লোকৰ অন্তৰ্ভুক্ত কৰা নাই আৰু সঞ্চাৰণৰ ৪১% মান লক্ষণবিহীন হ'ব পাৰে৷ কভিদে সৃষ্টি কৰা ভয়াৱহ জটিলতাবোৰ হৈছে  একোইট ৰেস্পিৰেটৰী দিষ্ট্ৰেছ চিন্দ্ৰম (ARDS), একাধিক অংগৰ অক্ষমতা, ছেপ্টিক শ্বক, হৃদযন্ত্ৰৰ অক্ষমতা, অস্বাভাৱিক হৃদস্পন্দন, মায়'কাৰ্ডিটিছ, সিৰাৰ তেজ গোট মৰা আদি হৃদযন্ত্ৰৰ জটিলতা। ক'ভিড-১৯ হোৱা প্ৰায় ২০-৩০% লোকৰ যকৃত উৎসেচক বাঢ়ি থকাই যকৃতৰ ক্ষতি সূচায়। ছিজাৰ, ষ্ট্ৰোক,এন্‌কেফেলাইটিছ, স্নায়ৱিক জটিলতা আৰু মৃত্যুও লক্ষণীয়। শিশুৰ ৰোগ হ'লে paediatric multisystem inflammatory syndrome মাৰাত্মক হ'ব পাৰে। COVID-19 ৰোগে দেহৰ অংগবোৰৰ ভিতৰত হাওঁফাওঁক সকলোতকৈ বেছি আক্ৰান্ত কৰে কাৰণ সচৰাচৰ হাওঁফাওঁৰ দ্বিতীয় প্ৰকাৰৰ এল্‌ভিঅ'লাৰ কোষত (Type II alveloar cells) পোৱা ACE2 উৎসেচকেৰে ভাইৰাছবিধ পোষক কোষত সোমাই পৰে। ভাইৰাছটোৱে "spike" (peplomer) নামৰ এক বিশেষ পৃষ্ঠ গ্লাইক'প্ৰ'টিন ব্যৱহাৰ কৰি ACE2 ৰ লগ লাগে আৰু পোষক কোষত সোমাই পৰে৷ কলাসমূহত থকাৰ ACE2 ঘনত্ব বেছি হ'লে ৰোগৰ তীব্ৰতাও বেছি হয়। গতিকে কোনোৱে ACE2 সক্ৰিয়তা কমালে সুৰক্ষা বাঢ়িব বুলি ধাৰণা কৰিছে; আন এচামে angiotensin II receptor blocker ঔষধেৰে ACE2ৰ পৰিমাণ বঢ়ালে ভাল হ'ব পাৰে বুলিও মতপোষণ কৰে৷ হাওঁফাওঁৰ কোষবোৰ বেছিকৈ ৰোগাক্ৰান্ত হ'লে শ্বসন অক্ষমতা কৈ ৰোগী মৃত্যুমুখত পৰিব পাৰে৷ ACE2 পাকস্থলীৰ, ডুৱডেনাম আৰু মলাশয়ৰ আৱৰণীৰ গ্লেণ্ডুলাৰ কোষ আৰু ক্ষুদ্ৰান্তৰ এণ্ড'থেলিয়াম আৰু এণ্টেৰ'চাইটত থাকে বাবে ভাইৰাছবিধে এইবোৰ অংগকো আক্ৰান্ত কৰে। চিকিৎসাধীন ব্যক্তিৰ ৫৩%ৰ বিষ্ঠাত ভাইৰাছবিধ পোৱা গৈছে আৰু সংক্ৰমণৰ পাছৰ স্তৰত মুখৰ পৰা লোৱা নমুনাতকৈ পায়ুৰ পৰা লোৱা নমুনাত ভাইৰাছ বেছিকৈ ধৰা পৰিছে। বিষ্ঠাত ভাইৰাছবিধ ১ৰ পৰা ১২ দিনলৈকে পোৱা হৈছে আৰু শ্বাসৰ নমুনাত ভাইৰাছ নোপোৱাৰ পাছত ১৭% ৰোগীৰ বিষ্ঠাত ভাইৰাছ ধৰা পৰিছে। গতিকে শ্বাসতন্ত্ৰৰ পৰা নাইকিয়া হোৱাৰ পাছতো পাচন তন্ত্ৰৰ সংক্ৰমণ অব্যাহত থাকিব পাৰে আৰু মুখ-পায়ুৰ সঞ্চাৰণ (fecal-oral transmission)ৰ সম্ভাৱনা থাকে। পায়ুৰ নমুনাৰ জৰিয়তে ভাইৰাছবিধৰ পুনৰাবৃত্তিও ধৰা পৰিছে।

প্ৰতিৰোধৰ ব্যৱস্থাঃ
কাহোঁতে বা হাঁচিয়াওতে অথবা সন্দেহযুক্ত সংক্ৰমিত লোকৰ তত্ত্বাৱধান লোৱাৰ সময়ত সম্পূৰ্ণ ৰূপে মাস্কৰ ব্যৱহাৰৰ লগতে চিকিৎসক সকলে personal protective equipment (PPE) পৰিধান কৰাটো বাধ্যতামূলক ৷ বাকী সকলোৱেই মাস্ক পৰিধান কৰাতো অত্যন্ত বাধ্যতামূলক কিন্তু বজাৰত উপলব্ধ কিছুমান সাধাৰণ মাস্ক আৰু কাপোৰে সংক্ৰমিত ব্যক্তিৰ পৰা পোনপটীয়াকৈ অহা কাঁহ বা হাঁচিৰ পৰা সুৰক্ষা দিব নোৱাৰে কিন্তু এইসমূহেৰে মুখমণ্ডল আৱৰি ৰখাটো মুখ আৰু নাক স্পৰ্শ কৰাৰ পৰা মানুহক বিৰত ৰাখিবলৈ এক উত্তম উপায়৷ লগতে সামাজিক দূৰত্ব বজাই ৰখাতো বাধ্যতামূলক৷ লগতে মাস্ক পিন্ধা আৰু খোলাৰ সময়ত  হাত বীজানুমুক্ত কৰিবলৈ চেনিটাইজ কৰাটো প্ৰয়োজনীয়৷ কিয়নো নজনাকৈয়ে হ’ব পৰা সংক্ৰমিত হাত এখন নাক বা মুখত স্পৰ্শ কৰিলে ই কৰ’নাৰ বাহক হিচাপে কাম কৰিব পাৰে৷ সেয়ে মাস্ক ব্যৱহাৰতো সতৰ্ক হোৱা প্ৰয়োজন৷ যিহেতু বৰ্তমান এডিন’ভাইৰাছ অথবা নিস্ক্ৰীয় কৰ’না ভাইৰাছৰ দ্বাৰা যি প্ৰতিষেধক দিয়া হৈছে সেই প্ৰতিষেধকে নিস্ক্ৰীয় ভাইৰাছৰ দ্বাৰা ব্যক্তি বিশেষক কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে তাৰ পৰিবৰ্তে দেহৰ প্ৰতিৰক্ষা প্ৰণালীত ভাইৰাছ বিধৰ বিপৰীতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ সেয়ে উপযুক্ত ভাৱে সুস্থ মানসিকতাৰে সাৱধানতাৰে কৰ’নাক জয় কৰক৷

পৃষ্ঠা ৭
প্ৰতিবাদতকৈ প্ৰতিকাৰৰ পথ
বেছি সুৰক্ষিত

নিৰুপমা ডেকা

আমি আমাৰ ল'ৰা-ছোৱালীক এনে মূল্যবোধ শিকাওঁ নে ? আমাৰ সন্তান বা শিশু, কিশোৰ, যোৱন প্ৰাপ্ত, প্ৰাপ্তবয়স্ক সকলো লোকে একেটা কাম বা পৰীক্ষাত মনৰ আনন্দেৰে আনৰ জয়ত হাঁহি হাঁহি অভিনন্দন জনাব পাৰে নে ? আমি আনক আগবাঢ়ি যাবলৈ কিমান অনুপ্ৰাণিত কৰোঁ ? বাস্তৱিকতে দেখা যায় আমাৰ বেছিভাগ মানুহেই দুৰ্বলজনক সহায় কৰাৰ ঠাইত তাক বলেৰে বা চলেৰে আঁতৰাই নিজে যোগ্য নহ’লেও নাম বা সন্মান পোৱাৰ বাবে ব্যস্ত হৈ পৰোঁ ৷ সেয়ে আমি অভিভাৱকসকলে এনে বিষয়বোৰৰ ওপৰত আত্মবিশ্লেষণৰ দৰকাৰ বুলি ভাবিব লাগে বুলি মোৰ মনে কয় ৷ আনক উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ যাতে নহয় সেই কথা মনত ৰখা উচিত নে ? এবাৰ নিজৰ বিবেকক সোধা উচিত আমি নৈতিক শিক্ষাৰ ভঁৰালটো কেৱল লগত লৈ ফুৰা উচিত নে তাক ব্যাৱহাৰিক জীৱনত প্ৰয়োগ কৰা উচিত ! আৰু আমাৰ পৰা পোৱা বেয়া নৈতিক শিক্ষা আৰু আচৰণে যে মানৱীয় মূল্যবোধৰ অৱক্ষয় কৰিব তাকো মনত ৰখা উচিত ৷ যি অৱক্ষয়ে আপোনাৰ বা মোৰ, আমাৰ সকলোৰে সুন্দৰ ভৱিষ্যতৰ সপোনবোৰক ধ্বংস কৰি দিব ৷ হৃদয় উজাৰি ভাল পাব শিকিলে আনক সুখ দিয়াৰ মন্ত্ৰ শিকিলে ক্ষতি কেতিয়াও নহয়, তাৰ বিনিময়ত সুন্দৰ স্বৰ্ণীল অধ্যায় হে জীৱনৰ লগত সংলগ্ন হ’ব ৷ আহকচোন আমি সকলোৱে তাৰ বাবে সংকল্পবদ্ধ হওঁ ৷ তলত তেনে মানৱীয় মূল্যবোধৰ কাহিনী যি বাস্তৱত ঘটি আমাৰ মন মগজুক এটা সুখকৰ আৰু মনত থাকিব লগীয়া কথা ৰূপে আৱৰি আছে, তেনে দুটা কাহিনীৰে সমৃদ্ধ হওঁ ৷ দেশ এখন দোপতদোপে আগুৱাবলৈ যোগ্য জনৰ পথৰ কণ্টক আমি আঁতৰাই দিয়াৰ সৎ সাহস ৰাখিব লাগে ৷ ইজনে সিজনক সন্মানসহ মৰ্যাদা দিব লাগে ৷ পুৰুষ বা নাৰী বা তৃতীয় লিঙ্গৰ বুলি নহয়, সকলোৱে সকলোকে উৎসাহ দি নিজ নিজ কৰ্ম যোগ্যতাৰে উদ্ভাষিত হোৱাৰ শুভকামনা দিব লাগে ৷

    ২০১৩ চনৰ জানুৱাৰী মাহত স্পেইনত হোৱা বিশ্ব চেম্পিয়নশ্বীপত কেনিয়াৰ দৌৰবিদ এবেল মুতাই শেষ ৰেখাৰ পৰা মাত্ৰ কেই মিটাৰ মান দূৰত আছিল, কিন্তু প্ৰতিযোগিতাৰ চিহ্নবোৰ বুজি তেওঁ দৌৰ শেষ হোৱা বুলি ৰৈ গৈছিল বিভ্ৰান্ত হৈ । তেওঁ দৌৰ শেষ কৰিছে বুলি ভাবি ৰৈ গৈছে বুলি বুজি স্পেইনৰ ইভান ফাৰ্ণাণ্ডেজ নামৰ খেলুৱৈজনে ( তেওঁৰ ঠিক পিছফালে আছিল তেওঁৰ ) কি হৈ আছে অনুভৱ কৰি কেনিয়াৰ দৌৰবিদজনক দৌৰি থাকিবলৈ চিঞৰিছিল । মুতায়ে স্পেনিছ নাজানিছিল আৰু বুজি পোৱা নাছিল তেওঁ কি কৈছে ৷ অৱশেষত ইভান ফাৰ্ণাণ্ডেজে মুতাইক লাহেকৈ পিঠিত হেচুকি দৌৰিবলৈ বুজাই দিছিল ৷ মুতাইৰ বিভ্ৰান্ত অৱস্থাত কি হৈ আছে অনুভৱ কৰি, ইভান ফাৰ্ণাণ্ডেজে মুতাইক আকাৰ ইংগিতেৰে ৰাস্তা দেখুৱাইছিল আৰু নিশ্চিত জয়ৰ ফালে আগুৱাই দিছিল। এই সমগ্ৰ সম়চোৱাত ইভানে মুতাইৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিছিল আৰু প্ৰতিযোগীতাত দ্বিতীয় হৈছিল । কাৰণ তেওঁ বুজিছিল মুতায়ে দৌৰি থকা দূৰত্ব তেওঁ নৰখিলে ইভানে কেতিয়াও পাৰ কৰি যাব নোৱাৰিলেহেঁতেন ৷ এজন সাংবাদিকে খেলৰ শেষত ইভানক সুধিছিল, "আপুনি এনে কিয় কৰিলে ?" ইভানে উত্তৰ দিছিল

"মোৰ সপোন হৈছে যে এদিন আমি এনে এক প্ৰকাৰৰ সামূহিক জীৱন যাপন কৰিব পাৰিম, য'ত আমি নিজকে হেঁচা দি  ইজনে সিজনক জিকাত সহায় কৰিব পাৰিম।"

 সাংবাদিকজনে জোৰ দি সুধিছিল

 "কিন্তু আপুনি কেনিয়াৰ লোকসকলক কিয় জিকিবলৈ দিছিল ? আপুনি জিকিলে পদকটো আপোনাৰ দেশৰ হ’লহেঁতেন ৷" 

ইভানে উত্তৰ দিছিল

 "মই তেওঁক জিকিবলৈ দিয়া নাছিলো, তেওঁ জিকিবলৈ গৈ আছিল ৷ দৌৰটো তেওঁৰ আছিল । সেই পদকটো তেওঁৰ দেশৰেই আছিল ৷"

সাংবাদিকজনে জোৰ দি পুনৰ সুধিলে

 "কিন্তু আপুনি জিকিব পাৰিলেহেঁতেন!" 

ইভানে তেওঁৰ ফালে চাই উত্তৰ দিলে

 "কিন্তু মোৰ বিজয়ৰ মূল্য কি হ'ব ? এই পদকৰ সন্মান কি হ'ব ? মোৰ মায়ে ইয়াৰ বিষয়ে কি ভাবিব ?"

    এই কাহিনীটোৰ আমাক  শিক্ষা দিয়ে যে সকলো সময়তে পদক জয় কৰাতো চূড়ান্ত সফলতা নহয় যদিহে মূল্যবোধ নাথাকে । এনে এটা মানৱীয় প্ৰমূল্যবোধৰ ঘটনা কেইটামান বছৰ পিছত পুনৰ সংঘটিত হয় এইবাৰ টকিঅ’ অলিম্পিকত ৷

    টকিঅ’ অলিম্পিক ২০২০ এইবাৰ ২০২১অত অনুষ্ঠিত হয় ৷ বিশ্বৰ সকলো খেলৰ মেডেলতকৈ অলিম্পিকত জিতা মেডেলটোৰ এটা বিশেষ গৰিমা সৰ্বদা আছে বুলি আমি জনাই নহয় সকলোৱে মানিও লওঁ ৷ এইবাৰ এনে এটা মেডেলক ভগাই লৈ  মানৱীয়তাৰ মহানায়ক হৈ পৰিছে কাটাৰৰ এজন খেলুৱৈ নাম তেওঁৰ মুটাজ ইচা বাৰ্চিম ৷

     এইবাৰ  টকিও অলিম্পিকত  অনুষ্ঠিত হোৱা  হাইজাম্পৰ ফাইনেল প্ৰতিযোগিতা খনত ঘটা এটা ঘটনাই সমগ্ৰ বিশ্বকে এক বিৰল দৃশ্য প্ৰত্যক্ষ কৰাৰ সুবিধা দিলে, যি দৃশ্যই আমাক আৱেগিক কৰি তোলাৰ লগতে হয়তো কিছু মূল্যবোধৰ নৈতিক শিক্ষাও দি গ’ল ।

   যি সময়ত আমি ধন-জনৰ লোভ, ক্ষমতাৰ লোভ, পৰিয়ালৰ মোহ, যশৰ লোভ আদিৰ বসিভূত হৈ মানৱীয় সকলো নীতি-নিয়ম, আদৰ্শ জলাঞ্জলি দি কাম কৰিবলৈ চিন্তা নকৰোঁ, তেনে সময়ত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া ক্ষেত্ৰৰ পৰা এই অভূতপূৰ্ব আৱেগিক কৰি তুলিব পৰা খেলৰ সত্য স্বৰূপ ভাতৃত্ববোধ আৰু মিলাপ্ৰীতিৰ এনাজৰীডালেৰে বিশ্ববাসীক বান্ধি পেলোৱা দৃশ্যই মনত নতুন চিন্তাৰ উদ্ৰেক দি যাবলৈ সক্ষম হ’ল ৷

       সেই সময়ত টকিঅ’ অলিম্পিকৰ হাইজাম্পৰ ফাইনেল ৰাউণ্ড চলি আছিল ৷ ইটালীৰ জিয়ানমাৰ্ক টামবেৰি(Gianmarco Tamberi) আৰু কাটাৰৰ মুটাজ ইচা বাৰ্চিম( (Mumtaz Essa Barshim)ৰ মাজত সোণৰ পদকৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বীতা হৈ আছিল । দুয়োজনেই প্ৰথম প্ৰচেষ্টাত 2.37 মিটাৰ অৰ্থাৎ একেবাৰেই সমান উচ্চতা জপিয়ালে ৷ ৰেফাৰীয়ে পুনৰ  দুয়োজনকে তিনিটাকৈ সুযোগ দিয়াৰ সিদ্ধান্ত ল’লে, চুড়ান্ত আৰু সঠিক নিৰ্ণয় কৰাৰ বাবে। কিন্তু আচৰিত ধৰণে অতিৰিক্ত এই তিনিওটা প্ৰচেষ্টাত দুয়োজনেই 2.37মিটাৰতকৈ সামান্যও বেছিকৈ জপিয়াবলৈ সক্ষম নহ’ল । তেতিয়া পৰিচালনা সমিতিৰ সিদ্ধান্ত অনুসৰি দুয়োজনকে আৰু এবাৰকৈ অন্তিম সুযোগ দিয়াৰ সিদ্ধান্ত কৰা হ’ল, সামান্য হ’লেও কিবা এটা পাৰ্থক্যৰে স্বৰ্ণ আৰু ৰজত পদকৰ স্থান  নিৰ্ণয়ৰ বাবে ৷ কিন্তু টামবেৰিয়ে আগৰ জাপকেইটা মাৰি ভৰিত গুৰুতৰ আঘাত পাইছিল বাবে অতি দুখ মনেৰে প্ৰতিযোগিতাত আৰু ভাগ নল’বলৈ সিদ্ধান্ত ল’লে ৷ সাধাৰণতে চাবলৈ গ’লে সেই সময়ত মুটাজ ইচাৰ সেইসময়খিনিত  ইয়াতকৈ ভাল খবৰ আৰু আন একো হ’ব নোৱাৰে, অন্ততঃ আমি সাধাৰণ ভাবে চিন্তা কৰা লোকে হয়তো তেনেকৈয়ে ভাবিম । সোণ তেওঁৰ নিশ্চিত, তাৰ পিছতো এজন সঁচা অন্তৰৰ খেলুৱৈয়েহে পাৰিব এনে সাংঘাতিক কিবা এটা । প্ৰতিজন ক্ৰীড়াবিদৰ একমাত্ৰ লক্ষ্য আৰু সপোন, অলিম্পিকত ভাগ লৈ এটা মেডেল নিজৰ নামত কৰা ৷ স্বৰ্ণ পদক লাভ কৰাটোতকৈও আন এটা গুৰুত্বপূৰ্ণ কথাই হে তেওঁক ব্যতিব্যস্ত কৰি তুলিলে ৷ যি চিন্তাটো আছিল একক আৰু অনন্য ৷ তেওঁ একে যোগ্যতাৰ প্ৰতিপক্ষৰ প্ৰতিযোগী গৰাকীয়ে ৰূপৰ মেডেল পোৱাটো তেওঁৰ বাবে গ্ৰহণযোগ্য নহয়, সেয়ে সেইসময়ত তাত থকা অলিম্পিকৰ কায্যকৰ্তা গৰাকীক তেওঁ সুধিলে,  যদি স্বৰ্ণ পদকটোকেই দুয়োজনৰে মাজত যুটিয়া ভাবে প্ৰদান কৰিব পাৰে,  তেন্ত হ’লে তেওঁ আৰু নিজৰ উচ্চতা বঢ়োঁৱাৰ জাপটো নামাৰে ৷ হয়তো টামবেৰীৰ আঘাত আৰু সেই সময়ত হোৱা মানসিক অৱস্থাক উপলব্ধি কৰি  মুটাজ ইচাই কিছু  আৱেগিক  আৰু বিচলিত হৈ পৰিছিল, কাৰণ তেওঁ এগৰাকী খেলুৱৈ, যদি তেওঁৰ ক্ষেত্ৰত এনে হ’লহেঁতেন ৷ এই কথা কওঁতে মুটাজৰ মুখত কোনো বাধ্যবাধকতা বা বিৰক্তিৰ ভাৱ নাছিল ৷ ইয়াৰ সলনি তেওঁৰ মুখত দেখা গৈছিল আত্ম সন্তুষ্টি আৰু দৃঢ়তাৰ ভাব ৷ মুটাজৰ এই সাহসী আৰু অবিশ্বাস্য সিদ্ধান্তক হাঁহিমুখে সমৰ্থন জনালে অলিম্পিকৰ কায্যকৰ্তা গৰাকীয়ে, কাৰণ তেৱোঁ হয়তো অন্তৰেৰে অনুভৱ কৰিছিল মুটাজৰ অসহায় হৈ হাৰ মানি ল’বলগীয়া হোৱাৰ বেদনা ৷ কাৰ্যকৰ্তা গৰাকীয়ে আনন্দ মনেৰে কৰমৰ্দন কৰি মুটাজৰ সিদ্ধান্তক সন্মান জনাই দুয়োজনকে গ’ল্ড দিয়াৰ অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰিলে ৷

   সেই অবিশ্বাস্য ঘোষণা শুনি ইটালীৰ টামবেৰিয়ে আনন্দত আত্মহাৰা হৈ মুটাজক সাবটি ধৰি ধন্যবাদ দিছিল আৰু গোটেই ষ্টেডিয়ামখনত বাগৰি বাগৰি কান্দছিল, সেই দৃশ্যই সকলোৰে চকু সেমেকাই দিছিল ৷ সেই দৃশ্য টিভিত স্বচক্ষে দেখাজনেহে সেই সুখ আৰু আনন্দ কি তাক উপলব্ধি কৰিব পাৰিলেহেঁতেন ।

      মুটাজৰ এই সিদ্ধান্তক নিজ দেশৰ সদস্য সকলেও আন্তৰিকতাৰে সমৰ্থন জনাই হাত চাপৰি বজাই আদৰণি জনালে ৷ তেওঁৰ এই মহান সিদ্ধান্তই তেওঁক অলিম্পিকৰ ইতিহাসত তেওঁৰ নাম স্বৰ্ণীল আখৰেৰে লিখিবলৈ যোগ্য কৰি তুলিলে ৷ তেওঁৰ এই নিদৰ্শন সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিল ৷ এটা মূহূৰ্ততে মুটাজ ইচা হৈ পৰিল মানৱীয়তাৰ মহানায়ক । অলিম্পিকত স্বৰ্ণ জয় বহুতেই কৰিলে, তাৰ বাবে নিজ নিজ দেশে সকলোকে মনত ৰাখিব বা দেশৰ ইতিহাসত ৰৈ যাব ৷ কিন্তু মুটাজৰ সেই সিদ্ধান্ত বিশ্ব বন্দিত হ’ব আৰু বিশ্ব ইতিহাসত নাম ৰৈ যাব ৷
      এনে সততা, এনে ত্যাগ তেওঁলোকৰ সেই সময়ৰ নহয়, আচলতে সেই নৈতিকতাৰ সবল শিক্ষা নিশ্চয় তেওঁলোকে তেওঁলোকৰ অভিভাৱক সকলৰ পৰা জীৱনৰ আদিপাঠ হিচাপে লাভ কৰিছিল, যাক সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰি আহিছিল পূৰ্বৰ পৰাই আৰু ই যেতিয়া বিশ্বমানৰ খেলত প্ৰয়োগ হ’ল, ইয়াৰ আলোকে বিশ্বকে পোহৰাই তুলিলে ৷ এয়া কেৱল যে ক্ৰীড়া ক্ষেত্ৰতে লাগে এনে নহয়, এই গুণবোৰক আমি উজ্জীৱিত কৰিব লাগে আমাৰ বৰ্তমান জীৱনত ৷ কাৰণ বৰ্তমানত ঘটিব লোৱা ঘটনাবোৰে মানৱীয়তাৰ অৱক্ষয় কি ধৰণে হৈছে তাৰে নিদৰ্শন দি আছে ৷ আমি যদি অভিভাৱক সকলে এইবোৰ দিশত সন্তানক বিশেষ গুৰুত্ব নিদিওঁ তেন্তে আমাৰ সন্তানবোৰো কোনোবা দিনা এটা ঘটনালৈ ৰূপান্তৰিত হ’ব পাৰে আৰু এটা বাতৰি বা প্ৰতিবাদ হৈ কালৰ সোঁতত হেৰাই যাব পাৰে ৷ 

   প্ৰতিবাদতকৈ প্ৰতিকাৰৰ পথ বেছি সুৰক্ষিত ৷ কাৰণ প্ৰতিবাদ কৰিবলৈ ঘটনা এটা ঘটি যাব লগীয়া হয়, কিন্তু প্ৰতিকাৰৰ চিন্তা কৰিব পাৰিলে ঘটনা এটা ঘটাত বাধাৰ সৃষ্টি কৰিব পৰা যায় ৷

পৃষ্ঠাঃ ৮
লালুকসোলা বৰফুকন

(দুই খণ্ডৰ দ্বিতীয় খণ্ড)

প্ৰণৱ ফুকন, নতুন দিল্লী

লালুকসোলাৰেই আন এজন ভায়েক ভাতধৰা ফুকনকে আদি কৰি নিজৰ বিশ্বাসী বিষয়াসকলক একত্ৰিত কৰে আৰু কলিয়াবৰত বহি  বিষয়া ভঙা-পতা কৰিবলৈ আৰম্ভ কৰে ৷ স্বৰ্গদেৱে তিনিওজন গোঁহাইক পঠায় লালুকসোলাক আটক কৰিবলৈ ৷ তেওঁলোকে ভটিয়াই গৈ বিশ্বনাথত ৰয়গৈ ৷ লালুকসোলাই সম্ভেদ পাই তাতে তেওঁলোকক বেৰি ধৰিলে ৷ আতন বুঢ়াগোঁহায়ে গোপনে ৰামৰায় ৰাজখোৱাৰ ঘৰেদি নগাঁৱলৈ যাবলৈ ধৰোতে তাতে তেওঁক বন্দী কৰি কলিয়াবৰত সলাল গোঁহাইৰ বাৰীত খোনা গোঁহাই চাওডাং বৰুৱাৰ দ্বাৰাই বধ কৰোৱা হয় ৷ লালুকসোলাই লগৰীয়াসকলৰ লগত আহি গড়গাওঁত চুদৈফা স্বৰ্গদেউক বন্দী কৰিলে ৷ কিছুদিন পাছত লালুকসোলাই স্বৰ্গদেউ চুদৈফাকো হত্যা কৰায় আৰু ছামগুৰীয়া ফৈদৰ ১৪ বছৰীয়া চুলিক্‌ফা ওৰফে ৰত্নধ্বজ সিংহ ল’ৰা ৰজাক আহোম সিংহাসনত বহুৱায় ৷ নিজৰ পাঁচ বছৰীয়া জীয়েকক চুলিক্‌ফাৰ বৰ-কুঁৱৰী আৰু ভায়েক ভাতধৰা ফুকনৰ জীয়েকক পৰ্বতীয়া কুঁৱৰী পাতি সকলো ক্ষমতা হস্তগত কৰি নিজেই ৰজা হোৱাৰ দিন গণে ৷ লালুকসোলাৰ সপোন অৱশ্যে সপোনেই হৈ থাকিল ৷ সুদক্ষ বুঢ়াগোঁহাই আতনৰ হত্যা লালুকসোলাৰ বাবে অভিশাপ স্বৰূপ হৈ পৰে ৷

আহোম ৰাজতন্ত্ৰৰ নিয়ম আছিল যে কেৱল বিনা অঙ্গক্ষত ৰাজকোঁৱৰহে স্বৰ্গদেউৰ সিংহাসনত বহিব পাৰিব ৷ এই নিয়মৰ সুবিধা লৈ লালুকসোলাই স্বৰ্গদেউক সিংহাসন নিষ্কণ্টক কৰিবলৈ উপদেশ দিয়ে আৰু ৰাজবংশৰ আটাইকেইটা ফৈদৰ ৰাজকোঁৱৰ সকলক ধৰাই আনি হয় অঙ্গক্ষত কৰায়, নহয় হত্যা কৰায় ৷ কেৱল লাঙি গদাপাণিক পত্নী জয়মতী কুঁৱৰীয়ে পলুৱাই পঠায় ৷ তেওঁ গৈ নগা পাহাৰৰ এজন দলপতিৰ আশ্ৰয়ত থাকেগৈ ৷ জয়মতীয়ে নিজৰ দুই পুত্ৰ লাই আৰু লেচাইকো নিজ মাতৃগৃহলৈ পলুৱাই পঠায়; লগত থাকে মাত্ৰ তিনি বছৰীয়া জীয়েক ৷ ৰজাৰ চোৰাংচোৱাই গদাপাণিক বিচাৰি নেপাই জয়মতী আৰু তেওঁৰ তিনি বছৰীয়া কন্যাক ধৰি লৈ গ’ল জেৰেঙা পথাৰলৈ ৷ চাওদাঙৰ অত্যাচাৰত কণমানিজনীয়ে মাত্ৰ তিনিদিনতে মৃত্যুবৰণ কৰিলে । জয়মতীক শাস্তি দিয়াৰ বাতৰি পাই গদাপাণিয়ে নগাৰ ভেশেৰে জেৰেঙা পথাৰত উপস্থিত হয় আৰু দূৰৰ পৰাই জয়মতীক কয় গদাপাণিৰ বতৰা দিবলৈ ৷ জয়মতীয়ে নিজৰ স্বামীক চিনি পাই উত্তৰ দিলে যে তেওঁ ততালিকে ঘূৰি গৈ নিজৰ কাম কৰি যাব লাগে ৷ ভাৰাক্ৰান্ত হিয়াৰে গদাপাণি পুনৰ নগা পাহাৰলৈ ঘূৰি যায় ৷ জয়মতীয়ে এইদৰে ১৮ দিন যান্ত্ৰণা সহি ১৬৮০ চনৰ ২৭ মাৰ্চ তাৰিখে ইহলীলা সম্বৰণ কৰে ৷ ইমান অত্যাচাৰৰ পাছতো কিন্তু জয়মতীয়ে মুখ নুখুলিলে আৰু গদাপাণিৰ সম্ভেদ উলিওৱাত  বৰফুকন ব্যৰ্থ হ’ল ৷

ইফালে সঘনাই ৰজা আৰু বিষয়া সলনি হোৱাত প্ৰজাৰ ওপৰত নিয়ন্ত্ৰণ হেৰাই অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ তেতিয়া দেউৰীসকলে পৰামৰ্শ দিলে যে কেঁচাইখাইতী গোঁসানীৰ আগত এজন সুস্থ-সবল মানুহ বলি দিলেহে এই অৰাজকতা আঁতৰিব ৷ সেই সময়ত লালুকসোলাৰ তামুলী আছিল মাধ আৰু ভোতাই নামে দুজন যুৱক ৷ নগঞা ভোতাই আছিল অতি সুঠাম দেহৰ ৷ লালুকসোলাই নিশ্চয় কৰিলে যে ভোতাইকে কেঁচাইখাইতী গোঁসানীৰ আগত বলি দিয়া হ’ব ৷ কিন্তু লালুকসোলাৰ মইমতালিত অতিষ্ঠ হোৱা এজন বিষয়াই এই কথা ভোতাইক জনোৱাত ৰাতিয়েই ভোতায়ে লালুকসোলাক হত্যা কৰিলে ৷ লগেলগে অসম বুৰঞ্জীৰ এক কালিকাময় অধ্যায়ৰ যবনিকা পৰাৰ সময় সমাগত হ’ল ৷ লালুকৰ সহায়ক আৰু সৰু ভায়েক ভাতধৰা ফুকন পলাই গৈ মৃত্যু পৰ্য্যন্ত ঢাকাত মোগলৰ শৰণাপন্ন হৈ ৰ’ল ৷ 

উপসংহাৰ: ইফালে নগা পাহাৰত থকা গদাপাণিয়ে বুজিলে যে পাহাৰত থাকিলে তেওঁৰ অভীষ্ট সিদ্ধি নহ’ব ৷ সেয়ে তেওঁ নামি আহি সলাল গোঁহাইৰ ওচৰ চাপিল ৷ গোঁহাইদেৱে তেওঁক গুৱাহাটীৰ বৰফুকন বন্দৰৰ কাষ চাপিবলৈ কয় ৷ বৰফুকন আছিল গদাপাণিৰ ভিনিহিয়েক ৷ গদাপাণি গৈ কিছুদিন এগৰাকী পোহাৰীৰ ঘৰত থাকিলগৈ ৷ তাৰ পৰা গৈ এজন বামুণৰ ঘৰত কিছুদিন থাকি চান্দকুচীয়া বৰুৱাৰ ঘৰ পালেগৈ ৷ কিন্তু তাতো নিৰাপদ যেন নেদেখি ৰাণীৰ ওচৰৰ এখন গাঁৱত এগৰাকী বয়সস্থ গাৰো মহিলাৰ ঘৰত হালোৱাৰ দৰে থাকিবলৈ ল’লে ৷ গদাপাণিৰ বায়েকে ভায়েকৰ সম্ভেদ পাই ভায়েকক আনি লুকুৱাই থলেহি আৰু এদিন গিৰিয়েক বন্দৰ বৰফুকনৰ অভয় পাই গদাপাণিক তেওঁৰ সমুখত হাজিৰ কৰিলে ৷ বন্দৰে অনেক বিষয়াৰ সৈতে গোট খাই ১৬৮১ খ্ৰীষ্টাব্দত কলিয়াবৰত গদাপাণিক ৰজা ৰূপে বহালে ৷ এওঁলোক গড়গাঁৱলৈ আহি ল’ৰাৰজাক বন্দী কৰি নামৰূপত থলে আৰু গদাপাণিয়ে চুপাত্‌ফা ওৰফে গদাধৰ সিংহ নাম লৈ আহোম সিংহাসনত বহে ৷ কিছুদিন পাছত ল’ৰাৰজাকে ধৰি তেওঁৰ সমস্ত পৰিয়ালক হত্যা কৰোৱা হ’ল আৰু লালুকসোলাৰ ক’লা ছাঁ নথকা এক নতুন যুগৰ অৰম্ভনি হ’ল ৷

লালুকসোলাৰ ব্যক্তিত্বৰ বিশ্লেষণ: লালুকসোলাৰ ব্যক্তিত্বৰ যথাযথ বিশ্লেষণ কেৱল কোনো মনস্তত্ত্ববিদেহে কৰিব পাৰিব ৷ তথাপি কিছু পৰিমাণে আমি চেষ্টা কৰিছোঁ ৷

(ক) এজন সুদক্ষ বিষয়াৰ পুত্ৰ আৰু অসম বুৰঞ্জীৰ মহানতম বীৰৰ জ্যেষ্ঠ ভাতৃ হৈও লালুকসোলাই কিয় এনে কলঙ্ক চপাই ল’লে, এই প্ৰশ্ন নিশ্চয় উঠে ৷ ইয়াৰ যথাযথ কাৰণ কোনো বুৰঞ্জীয়ে আমাক নিদিয়ে ৷ আমি মাত্ৰ তেওঁৰ চৰিত্ৰ বুজিবলৈ চেষ্টা কৰিব পাৰোঁ ৷ লাচিতৰ মৃত্যুৰ পাছত বৰফুকন হোৱাৰ সময়ত তেওঁৰ বয়স ৫০-ৰ কাষ চাপিছিল ৷ সেয়ে মানুহে তেওঁৰ কথা উপলুঙাৰ সুৰত বুঢ়াফুকন বুলিছিল ৷ এই কথাত তেওঁ অপমানিত বোধ কৰি ঠিৰাং কৰিলে যে বুঢ়াগোঁহাইৰ আসনত নিজকে অধিস্থিত কৰিব পাৰিলে তেওঁ মান-সন্মানৰ পাত্ৰ হ’ব ৷ কিন্তু এই ক্ষেত্ৰত বহু বাধা আছিল; একেই তেওঁ গোঁহাই বংশৰ নাছিল, দ্বিতীয়তে যেনেতেনে সেই আসন দখল কৰিলেও আন গোঁহাইসকলৰ পৰা সহযোগিতা নাপাব আৰু তেওঁলোকে লালুকসোলাক সেই আসনৰ পৰা চ্যুত কৰাত বেছি আগ্ৰহী হ’ব ৷ গতিকে আহোম সিংহাসন দখল কৰিব পাৰিলেহে তেওঁৰ মনোবাঞ্চা সিদ্ধি হ’ব ৷ কিন্তু এই বাটতো হেঙাৰ আছিল; কাৰণ তেওঁ স্বৰ্গদেউ চুকাফাৰ বংশৰ কোনো এটা ফৈদৰে নাছিল ৷ গতিকে তেওঁ সিংহাসনত বহাত দেওধাইসকলৰ ঘোৰ আপত্তি থাকিব ৷ আনহাতে বৰফুকন হিচাপে মোগলক প্ৰতিৰোধ কৰাৰ দায়িত্বও যিহেতু তেওঁৰ ওপৰতে ন্যস্ত, গতিকে মোগলৰ লগত মিত্ৰতা কৰিলেহে সেই আশংকা নোহোৱা হ’ব ৷ বোধহয় এনে ধৰণৰ ভাৱধাৰাই তেওঁক মোগলৰ কাষলৈ টানি নিছিল ৷

(খ) পিতৃ যদি অতি দক্ষতা সম্পন্ন আৰু নামজ্বলা হয়, তেন্তে পুত্ৰৰ পৰাও একেই দক্ষতা আশা কৰা মানৱ সমাজৰ মানসিকতা ৷ যদি কোনো এক পুত্ৰই এই সুনাম অক্ষুণ্ণ ৰখাই নহয় বৰং অধিক জ্যোতিষ্মান কৰে, তেনেহলে আন পুত্ৰসকলৰ পৰাও একেই ফল আশা কৰা স্বাভাৱিক ৷ কিন্তু যিদৰে হাতৰ পাঁচোটা আঙুলি সমান নহয়, সেইদৰে সকলো সন্তানো  নিজ পিতৃৰ অথবা আন সহোদৰৰ সমতুল্য নহ’ব পাৰে ৷ সেয়ে কম দক্ষতাসম্পন্ন সন্তানৰ মানসিকতাত অযথা হেঁচাৰ সৃষ্টি হয় আৰু তেওঁ তাৰ নিৰাময়ৰ উপায় বিচাৰে ৷ এনে কৰিবলৈ যাওঁতে কেতিয়াবা কোনোজন বিদ্ৰোহী হৈ উঠে ৷ কোনোজনে হয়তো যিকোনো প্ৰকাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰু জনাজাত হ’বলৈ চেষ্টা কৰে ৷ ফলত  কেতিয়াবা ভুল পথে পৰিচালিত হোৱাৰো নজিৰ আছে ৷ লালুকসোলাৰ ক্ষেত্ৰতো হয়তো সেয়ে হ’ল ৷

(গ) আতন বুঢ়াগোঁহায়ে ৰাইজৰ পৰা লাভ কৰা অকৃত্ৰিম শ্ৰদ্ধা আৰু তাৰ বিপৰীতে তেওঁ হাঁহিয়াতৰ পাত্ৰ হোৱা কথাত লালুকসোলা জ্বলি-পুৰি মৰিছিল ৷ সেয়ে ছলে-বলে-কৌশলে ক্ষমতাৰ বাঘজৰী নিজৰ হাতলৈ আনি সকলোৰে পৰা শ্ৰদ্ধা আদায় কৰিব খুজিছিল ৷ তেওঁৰ এই স্বভাৱ প্ৰথম অৱস্থাত সমুখলৈ অহা নাছিল ৷ অন্যথা বাদুলি ফুকনে মোগলৰ লগ লওঁতে লালুকসোলা আহোম ৰাজ্যৰ অনুগত হৈ নাথাকিলহেঁতেন ৷ কিন্তু তেওঁৰ মনৰ কুটিলতা কিছু পৰিমাণে প্ৰকাশ পাইছিল যেতিয়া তেওঁ ৰজাশহুৰ বৰফুকনৰ বিৰুদ্ধে গোচৰ দি গোটেই পৰিয়ালকে হত্যা কৰায় ৷

(ঘ) দুৰ্বল ৰজাৰ শাসনকালত সৃষ্টি হোৱা অৰাজকতাৰ সুবিধা প্ৰজায়ো গ্ৰহণ কৰে ৷ সেয়ে উদয়াদিত্য সিংহৰ মৃত্যুৰ পাচৰ কালচোৱাত পাইকসকলে কাম কৰিবলৈ এৰি ধোদ হৈ পৰিছিল ৷ এনে পৰিস্থিতিত বিষয়াসকলে পাৰ্য্যমানে দুৰ্নীতিত লিপ্ত হয় ৷ বৰফুকন হিচাপে যিহেতু লালুকসোলাৰ এক বিশেষ মৰ্য্যাদা আছিল, গতিকে তেওঁ এই ক্ষেত্ৰত আগৰণুৱা হোৱাত আতন বুঢ়াগোঁহাইৰ বাদে আন কোনো বাধা নাছিল ৷ তেওঁৰ ছত্ৰছায়াত সুৰক্ষিত হ’বলৈ দুৰ্নীতি পৰায়ণ আন বিষয়াসকলো তেওঁৰ সহযাত্ৰী হৈছিল ৷ ৰাজ্যত হোৱা অৰাজকতাৰ ই আন এক কুফল ৷

(ঙ) সঘনে বিষয়া ভঙা-পতায়ো লালুকসোলাৰ মনত প্ৰতিক্ৰিয়া কৰিছিল নিশ্চয় ৷ তেওঁক বৰফুকনৰ পদৰ পৰা কেবাবাৰো গুছোৱাৰ আৰু পুনৰ সেই পদত নিযুক্তি দিয়াৰ স্বৰ্গদেউৰ ক্ষমতাই লালুকৰ মনত এক তিক্ততাৰ ভাৱ জগাই তোলা স্বাভাৱিক ৷ এনে পৰিস্থিতিৰ সন্মুখীন হোৱা মানুহৰ মনত কেতিয়াবা জিঘাংসাৰ ভাৱেও উক দিয়ে ৷ গতিকে সিংহাসন দখল কৰি ক্ষমতা জাহিৰ কৰাৰ মনোবৃত্তি লালুকসোলাৰ মনত খেলোৱা অসম্ভৱ নহয় ৷ এনে মনোবৃত্তিৰ গঢ় ল’লে সমুখত দেখা ক্ষমতাই মানুহক অন্ধ কৰি পেলায় ৷ ইংৰাজীত এষাৰ কথা আছে: "Power corrupts and absolute power corrupts absolutely". এই দুৰ্নীতি অৰ্থনৈতিক নহৈ মানসিকো হ’ব পাৰে ৷ সম্পূৰ্ণ ক্ষমতা পোৱাৰ লোভত লালুকসোলাই দুৰ্জয় শৰাইঘাটৰ গড়কে ধৰি গুৱাহাটীলৈকে মোগলক এৰি দিবলৈ কুণ্ঠিত নহ’ল; এনেকি মোগল কোঁৱৰৰ কুঁৱৰী আৰু তেওঁৰ ভাগিনীয়েক ৰমণী গাভৰুৰ সকিয়নী আৰু মোগলৰ ৰুটি খোৱা ভায়েক বাদুলি ফুকনৰ কথাও তেওঁ অগ্ৰাহ্য কৰিলে ৷ মনত সৃষ্টি হোৱা জিঘাংসাৰ ভাৱৰ বলি হৈ সম্পূৰ্ণ ক্ষমতা লাভ কৰি নিষ্কণ্টক হ’বলৈ আহোম কোঁৱৰসকলক অঙ্গক্ষত বা হত্যা কৰাবলৈও পিছ নুহুকিলে ৷ নিজকে যিকোনো প্ৰকাৰে প্ৰতিপন্ন কৰাৰ চেষ্টা আৰু ক্ষমতাৰ লোভে তেওঁক সম্পূৰ্ণ অন্ধ কৰি পেলাইছিল আৰু নিজৰ কামৰ কুফলৰ কথা চিন্তা কৰাতো তেওঁ অক্ষম হ’ল ৷ গতিকে পিতৃ/ভাতৃৰ দক্ষতাই মনত সৃষ্টি কৰা অযথা হেঁচা আৰু পাছত সম্পূৰ্ণ ক্ষমতাপ্ৰাপ্তিত সৃষ্টি হোৱা মানসিক দুৰ্নীতিয়েই তেওঁৰ অধঃপতনৰ মূল আছিল বুলি মনে ধৰে ৷

সহায়ক গ্ৰন্থপঞ্জী:
১)A History of Assam : Sir E.A. Gait
২)অসমৰ বুৰঞ্জী : পদ্মনাথ গোহাঞিবৰুৱা
৩)অসমৰ সংক্ষিপ্ত ইতিহাস: ডঃ তচদ্দুক আমানুল হুছেইন
৪) আহোমৰ দিন: হিতেশ্বৰ বৰবৰুৱা
৫) ইতিহাসে সোঁৱৰা ছশটা বছৰ: সৰ্বানন্দ ৰাজকুমাৰ

পৃষ্ঠা ৯
পবিত্ৰ ভাদ মাহৰ তাৎপৰ্য:
বিশ্বাস আৰু পৰম্পৰা

বন্দিতা শৰ্মা কন্দলী
দেৰগাঁও। 
ফোন ৮০১১৮৫০১৭২

         অসমীয়া বাৰ মাহৰ প্ৰতিটো মাহৰেই স্বকীয় বৈশিষ্ট্য আছে। প্ৰতিটো মাহে প্ৰকৃতিৰ সৈতে একাত্ম হৈ আত্মবৈশিষ্ট প্ৰতিফলনেৰে সৌন্দৰ্য্যমণ্ডিত আৰু অসমীয়া সমাজ জীৱনত ইয়াৰ প্ৰভাৱো সুদুৰপ্ৰসাৰী। শাওন আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনাৰে পৰা আৰম্ভ হোৱা ভাদ মাহ অসমীয়া বছৰৰ পঞ্চমটো মাহ। শৰৎ ঋতুৰ অন্তৰ্গত এই ভাদ মাহৰ ভাদ  নামৰ উৎপত্তি হৈছে ʼপূৰ্বভাদ্ৰপদʼ নামৰ নক্ষত্ৰৰ পৰা।
       অসমীয়া কৃষিজীৱি মানুহে ভাদ মাহত কৃষি কৰ্মৰ পৰা আহৰি পায়। এই মাহৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিল। শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱৰ সময়ত এক উজ্জ্বল জ্যোতিয়ে প্ৰকৃতিৰ ৰূপ অতুলনীয় কৰি তুলিছিল। কৃষ্ণ লীলাই সকলোৰে হৃদয়ত স্থান লৈছিল। তেওঁক আৱৰ্ত কৰিয়েই গঢ় লৈ উঠিছিল নৱ বৈষ্ণৱ ধৰ্ম আৰু অসমীয়া সংস্কৃতিৰ এটি নৱযুগ। অসমত নৱবৈষ্ণৱ ধৰ্ম বা একশৰণ নামধৰ্মৰ বীজ ৰোপণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। তেখেতৰ এই ৰসময়ী ভক্তিময়ী ধাৰাই অসমীয়া সমাজ জীৱনক সুপ্ৰতিষ্ঠিত কৰি  বৰ্ণ ভেদা-ভেদ নিৰ্মুল কৰি সুশৃংখল ৰূপে গঢ়ি তুলিবলৈ প্ৰতিষ্ঠা কৰিছিল সত্ৰ আৰু নামঘৰ। ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰো তিৰোধান তিথি।এই পবিত্ৰ মাহতেই বৈষ্ণৱ গুৰু শ্ৰীহৰিদেৱৰো আবিৰ্ভাৱ হৈছিল। সেয়ে এই ভাদ মাহ অসমীয়া লোকসমাজৰ অতি পবিত্ৰ মাহ। অসমৰ প্ৰতিখন সত্ৰ, নামঘৰতে এই গোটেই মাহ ধৰি চলি থাকে হৰি নামৰ শ্ৰৱণ কীৰ্তন আৰু স্মৰণ। জন বিশ্বাস মতে এই শ্ৰৱণ কীৰ্তন আৰু স্মৰণৰ জৰিয়তেই লাভ কৰিব পাৰে বৈকুণ্ঠ। আয়তিৰ নাম প্ৰসংগৰে মুখৰিত হৈ থাকে নামঘৰৰ মজিয়া। ভাদ মাহৰ অষ্টমী তিথিত অতি উলহ মালহ আৰু ভক্তিভাৱেৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমীৰ পাছদিনা নন্দোৎসৱ পতা হয়। ভাদ মাহত শ্ৰীকৃষ্ণই জন্ম লাভ কৰিছিল বাবেই এই মাহটো হিন্দু ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ মাহ হিচাপে গণ্য কৰে। সেয়ে ভক্তপ্ৰাণ লোকে পৰিয়ালৰ মংগল কামনাৰে এই মাহতে মাহ- প্ৰসাদ, ফল-মূল আদিৰে শৰাই আগবঢ়াই সেৱা জনাই আশীৰ্বাদ লয়। গুৰুজনাৰ অৱদান নাম-কীৰ্তনৰ ধ্বনিয়ে সকলোৰে মনলৈ ভক্তি ভাৱ আনে। সেয়ে ভাদ মাহ এটা পৱিত্ৰ পূণ্যৰ মাহ।
          ভাদ মাহৰ লগত অসমীয়া সংস্কৃতিৰ বহু লোক বিশ্বাস বা লোকাচাৰ জড়িত হৈ আছে। এনে এক পবিত্ৰ মাহত সন্তান জন্ম হ'লে জাতক তেজস্বী, ধনবান হয় বুলি বিশ্বাস কৰে। আকৌ ভাদ মাহত কোনো লোকৰ মৃত্যু হ'লে পৰিয়ালৰ বাবে অমংগল বুলি ভবা হয়। ভাদ মাহত ক'লা ৰঙৰ গৰুৱে পোৱালী জন্ম দিলে অশুভ বুলি ভাৱি হোম - যজ্ঞ কৰে । সেই গৰুৰ গাখীৰ কোনো শুভ কামত ব্যৱহাৰ নকৰে। এই মাহত বিয়া-বাৰু নাপাতে। আনকি কলগছও নোৰোৱে। 
 এই মাহত খাদ্য বিচাৰো মন কৰিবলগীয়া। ভাদ মাহত সৰিয়হ বটা, ওলকচু খাব লাগে, ঔটেঙাৰ সৈতে সৰু মাছৰ জোল খালে মানুহ নিৰোগী আৰু দীৰ্ঘজীৱী হয় বুলি বিশ্বাস কৰে। তাৰোপৰি ভাদ মাহৰ প্ৰখৰ ৰʼদত বাকচৰ কাপোৰ ৰʼদত উলিয়াই দিয়ে। তেতিয়া উঁই পোক পৰুৱা আদিয়ে নষ্ট কৰাৰ ভয় নাথাকে।
             পৌৰাণিক আখ্যান মতে ভাদ মাহৰ শুক্লা নৱমী তিথিত মহামুনি শুকদেৱে শাপগ্ৰস্ত পৰীক্ষিতক সাতদিন সাতৰাতি ভাগৱত পাঠ কৰি শুনাইছিল। সেয়ে অসমীয়া সমাজত অতি ভক্তিভাৱেৰে, বিশ্বাসেৰে অখণ্ড ভাগৱত পাঠ বৰ্তমানেও কৰা দেখা যায়।মুঠৰ ওপৰত ভাদ মাহৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ। ভাদ মাহ সোমোৱাৰ লগে লগেই মন উৰা মাৰে স্কুলীয়া দিনলৈ।  আমাৰ দিনত দশম শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰীসকলে বাছ ভাড়া কৰি  ভাদ মাহত বৰ নামঘৰলৈ যোৱাতো নিয়ম আছিল। পৰীক্ষাত ভাল ফল পাবলৈ আশীস বিচাৰি যোৱা হয় যদিও আধ্যাত্মিক ভাবনাৰ লগতে অনাবিল আনন্দ অনুভৱ কৰিছিলোঁ। বৰ্তমান কভিড উত্তৰ কালত এনে যাত্ৰা হ্ৰাস পাইছে যদিও এই পবিত্ৰ মাহত সত্ৰ, নামঘৰত হৰিনামৰ ধ্বনি, হাত চাপৰিৰে মুখৰিত হৈ থাকে। এনে হৰি ভক্তি আৰু হৰি নামৰ শ্ৰৱণ কীৰ্তন আৰু স্মৰণে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ থকাৰ সংকল্প লওঁ আহক।

পৃষ্ঠা ১০
ধাৰাবাহিকঃ

সমাধিস্থ সপোনত
অংকুৰিত পোহৰ

মিনাৰা হুছেইন, নগাঁও

যোৱা সংখ্যাৰ পিছৰ পৰা

(চতুৰ্থ)

 "বৌ......অ' বৌ....."
         অনুৰাধাই চিঞৰি উঠিল। মালতী বাই আৰু মই অনুৰাধাৰ কাষলৈ গ'লোঁ।
     "ৰাধা....কি হ'ল"
                ৰাধাৰ চকুলো মচি দিলোঁ।

"বৌ মোৰ খুব পেটটো বিষাইছে। কিবা খোচ মাৰি ধৰাৰ দৰে। আহ! বৌ মই নোৱাৰিছোঁ। আহ! আহ!"

      মালতী বায়ে অনুৰাগ আৰু মাক দেউতাক জগাবলৈ গ'ল। মালতী বায়ে আমাৰ কোঠাৰ পৰা মোৰ  ষ্টেথছক'প ডাল, প্ৰেছাৰৰ ইন্ট্ৰুমেন  ডাল আনি দিলে।  ৰাধাৰ পেটটো চালোঁ, হাৰ্ট বিট, পাল্চ চালোঁ, প্ৰেছাৰ চেক কৰিলোঁ। সকলো ঠিকে আছে। সাতমাহত পৰিছে। এতিয়াই এনেকুৱা হ'ব নালাগিছিল! ৰাধাৰ বেগৰ পৰা লেবৰটেৰী ৰিপৰ্টবোৰো ওলিয়াই চালোঁ। 
   "আহ...মোক কিবা কৰা...মই নোৱাৰিছোঁ আৰু''
             ৰাধাই চিঞৰি উঠিল। 

  "আৰু দেৰি কৰিব নোৱাৰি। মালতী বাই যোৱা অনুৰাগক কোৱা গাড়ী ওলাবলৈ।"
       
    " নিমিশা,  এইৰ কি হ'ল। সময় হৈছে জানো ?"
         " নাই মা সময় হোৱা নাই। কিন্তু তাইৰ আৰ এইছ নেগেটিভ ব্লাডৰ বাবে কিবা কম্প্লিকেছি এৰাইজ কৰিছে নেকি ? ইম্মিডিয়েট আলট্ৰাচাউন্ড কৰাব লাগিব"

    অনুৰাগে গাড়ীখন উলিয়ালে। মই আৰু মালতী বায়ে অনুৰাধাক ধৰি গাড়ী লৈ আগুৱাই আহিছোঁ।

"সকলো ৰিপৰ্ট পাতিবোৰ লৈছ'নে ?"
     আগফালৰ বাৰাণ্ডাত বহি থকা দেউতাকে ৰাধাৰ ওচৰলৈ আহি মূৰত হাত বুলাই দিলে।
    " তই অলপ ধৈৰ্য্য ধৰ, সকলো ঠিক হ'ব।"
         অনুৰাধাৰ খুব দুখ লাগিছে। এনেকুৱা মূহুৰ্ততো মাক দেউতাকে যদি এবাৰ মৰম কৰিলে হয়। এবাৰ যদি কাষ চপাই চুমা দুটি যাচিলে হয়। মাথোঁ বৌৱেক আৰু মালতী বাই। সৰুৰে পৰা মাক দেউতাকৰ পৰা নোপোৱা মৰমখিনি মালতী বাইৰ পৰা পাইছে। আন ল'ৰা ছোৱালীৰ দৰে অনুৰাধাৰ লগত কেতিয়াও দেউতাকে খেলা নাই, কেতিয়াও মাকে গল্প শুনোৱা নাই। তাইৰ মনতে নাই মাকে তাইক লৈ যে কেতিয়াবা নিচুকাইছিল। তাইৰ দৰে বাৰু এই পৃথিৱীত আহিব লগীয়া তাইৰ সন্তান দুটিও দুৰ্ভগীয়া হ'ব নেকি ? ৰুবুলৰ কথা ভাবিলেই ভয় লাগি যায়। সি জানো সন্তান দুটিক মৰম কৰিব ! এই সন্তান দুটিক বাৰু মুকলিমনেৰে জীয়াই থাকিবলৈ দিয়া হ'বনে ? নে তাইৰ দৰে ...?

    গাড়ীখন হস্পিতালৰ গেট পাৰ হৈ সোমাই গ'ল। 
" ৰাধা, হস্পিতাল পালোহি"
       ইমান সময় চকু মুদি নিজৰ আহিবলগীয়া সন্তান দুটিৰ আসন্ন ভৱিষ্যতৰ কথা ভাৱি ভাৱত বিভোৰ হৈ থকা ৰাধা সাৰ পাই উঠিল। নিমিশা হস্পিতালৰ ৰিচিপচনিষ্টৰ ওচৰ পালেগৈ ফৰ্মেলিটিখিনি কৰিবলৈ। মালতী বায়ে তাইক ধৰি নমাইছিল। 

   " অনুৰাধা ভয় নকৰিবি। আমি হস্পিতাল পালোহি যেতিয়া চিন্তা নাই।"
     অনুৰাগে অনুৰাধাক ধৰি হস্পিতালৰ ভিতৰলৈ লৈ গ'ল।
 
    আলট্ৰাচাউণ্ডৰ  ৰুমলৈ নিমিশাই ৰাধাক লৈ গৈছিল।ডঃ পূৰবী বৰুৱাই আধাতে টেষ্ট এৰি নিমিশাৰ লগত বাহিৰলৈ ওলাই গ'ল। 

   "ডঃ নিমিশা, ইটছ ভেৰি ক্ৰিটিকেল। পেচেন্টে কিবা দুখ পাইছিল বা কিবা দূৰ্ঘটনা হৈছিল নেকি ?"
   "কিয় ?কি হ'ল ?"
          "তেওঁৰ পেটত থকা বেবী দুটা ইনজিয়ৰড হৈছে। আমি সোনকালে অপাৰেচন কৰিব লাগিব। ইউ কেন আনডাৰষ্টেন্ড হোৱাট আই মিন"
         ওচৰতে থকা বেঞ্চ খনত বহিলোঁ। তাৰমানে ৰুবুলে ৰাধাৰ পেটটো অত্যাচাৰ কৰিছিল। তাই পেটটো চাওঁতে দেখা দাগ কেইটালৈ মনত পেলালোঁ। কি কৰিম এতিয়া ?

   "নিমিশা, কি হ'ল ?"
         অনুৰাগৰ মাতত মই ওপৰলৈ চালোঁ। সকলোখিনি কথা বুজাই ক'লোঁ।
    " তেতিয়া হ'লে অহাকালিলৈ অপেক্ষা কৰাতকৈ আজিয়েই অপাৰেচন কৰা ভাল হ'ব। তুমি ফৰমেলিটিখিনি পূৰা কৰা। মই মা দেউতা আৰু ৰুবুলক জনাওঁ"
      অনুৰাগে ৰুবুলৰ নাম্বাৰটো ডায়েল কৰিলে। নাই ৰিচিভ নকৰিলে। আকৌ কৰিলে। এইবাৰো ৰিচিভ নকৰিলে। হাতৰ ঘড়ীটোলৈ চালে। মাত্ৰ দহটা বাজিছে। এতিয়াটো সি শুৱা নাই। ইচ্ছা কৰিয়েই বাৰু ৰিচিভ কৰা নাই নেকি ?

    ৰাধাৰ আৰ এইছ নেগেটিভ ব্লাডটো যোগাৰ কৰিব পৰা নাই। সকলোয়ে চেষ্টা কৰি আছে । তেজ যোগাৰ নোহোৱাৰ বাবে পিছদিনা ৰাতিপুৱা সাত বজাত অপাৰেচন কৰা হ'ব । এচি ৰুম এটা বুক কৰা হ'ল। ৰাধাক  চেলাইন দিয়া আৰম্ভ কৰিছে। নিমিশাৰ সহকৰ্মী গাইনকলজিষ্ট ডাঃ ৰীতা বৰাই সকলো চাই পৰামৰ্শ দিছে।

    "অনুৰাগ , মই আৰু মালতী বাই আছো ৰাধাৰ লগত। তুমি যোৱাগৈ। মাহঁত অকলে আছে"
   
   "অ'কে। কিবা প্ৰবলেম হ'লে জনাবা"
     অনুৰাগ যোৱাৰ পিছত নিমিশাই ভিতৰৰ পৰা দুৱাৰখনৰ হুকডাল লগাই দিলে। ৰাধাই লাহে লাহে নিদ্ৰাদেৱীৰ কোলাত শুই পৰিল।

"মালতী বাই, মনটো ভাল লগা নাই। ৰাধাজনীৰ  লগত বৰ অন্যায় হৈছে অ "

     অলপ সময় নীৰৱতা । বাহিৰৰ জোনাকজাকে লুকাভাকু খেলিছিল। হঠাৎ অহা  এজাক ধুমুহাই খিৰিকিবোৰ খুলি দিছিল। নিমিশাই  খিৰিকীবোৰ লগাই দিবলৈ উঠি গ'ল।

     " সেইদিনাও এনেকুৱা এজাক ধুমুহা আহিছিল। মহটীয়াই গৈছিল সকলো। বাহিৰৰ বতাহজাক দেখি মই বাৰান্দাত বহি বহি কান্দি আছিলোঁ। ভিতৰৰ পৰা দিদি ,মোৰ গৌৰী দিদিৰ চিঞৰ। একো কৰিব পৰা নাছিলোঁ। মালিক চাহাব ওলাই গৈছিল। বতাহজাক লাহে লাহে শান্ত হৈ পৰিল। মই ভিতৰলৈ গ'লো। বিছনাত পৰি থকা গৌৰী দিদিক সাবটি ধৰি কান্দিছিলোঁ। মালিক চাহাব উভতি আহিছিল। ভয়তে আমি কঁপি উঠিছিলোঁ। কৈ গৈছিল কথাবোৰ বাহিৰলৈ ওলালে বোলে আমাক কাটি মাৰি ধনশিৰি নৈত উটোৱাই দিব। বাৰ বছৰীয়া মই আৰু ষোল্ল বছৰীয়া মোৰ গৌৰী দিদিয়ে এদিনতে বহুত ডাঙৰ হৈ গৈছিলোঁ। সকলো বুজি উঠিছিলোঁ।"
           মালতী বাই খিৰিকীৰ পৰ্দাখন টানি বাহিৰৰ আন্ধাৰলৈ চাই ৰ'ল। 
      "তাৰ পিছত কি হ'ল ? কোৱা মালতী বাই"
        মালতী বাইক আনি বিছনাত বহাই দিলোঁ।
     
   " তাৰ পিছত কেইবাদিনো ইয়াৰ পুনৰাবৃত্তি হ'বলৈ ধৰিলে। আমি দুজনীয়ে ভয়তে মালিকিনী বাইদেউক একো নকলোঁ। কিন্তু লাহে লাহে মোৰ গৌৰী দিদিৰ গাটো বেয়া হ'বলৈ ধৰিলে। একোকে খাব নোৱাৰা হ'ল। কিবা খালেই বমি হ'বলৈ ধৰিলে। মালিকিনী বাইদেৱে দৱাই দিলে। কাম নিদিলে।"

     বাহিৰত দুৱাৰত টোকৰ মাৰি নাৰ্চ এগৰাকীয়ে মাত লগালে। দুৱাৰখন খুলি দিলোঁ। ৰাধাৰ চেলাইন টো শেষ হ'বলৈ হৈছিল। নাৰ্চ গৰাকীয়ে নতুন চেলাইন এটা লগাই দিলে।

    "বাইদেউ, আপোনালোক শুই লওঁক। মোৰ ডিউটি আজি ইয়াত"
      নাৰ্চ গৰাকীৰ কথাত মালতী বাইৰ ফালে চালোঁ।
    এটেনডেন্টৰ বিছনাখনত মালতীবাইক শুবলৈ দি , মই চকী এখন টানি অনুৰাধাৰ ওচৰতে বহিলোঁ। চাই ৰ'লোঁ মুখখনলৈ। টোপনিত লালকাল ৰাধাজনীক আৰু মৰম লাগি গ'ল। সঁচাকৈয়ে ৰাধা এটি সাঁথৰ ? একমাত্ৰ ছোৱালী হৈ জন্ম হোৱাৰ বাবেই নে আন কিবা ?

আগলৈ...

পৃষ্ঠা ১১
ধাৰাবাহিকঃ

পোছাকৰ আঁৰৰ মানুহজন

শিখামণি গগৈ, দুলীয়াজান

অন্তিম খণ্ড

::বড়া, কটকী ,দাস আপোনালোকে ধৰিব পাৰিছে নে নাই মই নাজানোঁ, মই কিন্তু ঠিকেই সন্দেহ কৰিছিলোঁ। ই ,ই এটা মানসিক ৰোগী।ইমান সময়ে আপোনালোকে ইয়াৰ কথা শুনি বহুত সময় অপব্যয় কৰিলে। যাওক।যাওক কামত লাগক গৈ।
 অপৰাধীয়ে কোৱা কিছুমান আবোল-তাবোল কথা থানাৰ আৰক্ষীয়ে ইমান সময় শুনাৰ উদাহৰণ আন কোনো থানাতেই নাই। কোনো থানাৰ অফিচাৰে কৰ্তব্যৰৰ সময়ত  নিদিয়ে কৰ্মচাৰীক, অপৰাধীয়ে সাজি সাজি কোৱা সাধু-গল্প শুনিবলৈ ,তাতে  আক' লক'আপৰ ভিতৰত।

::কিন্তু  ছাৰ, ই যিবোৰ কথা কৈছে সেইবোৰচোন অকণমানো  মিছা কথা কোৱা যেন লগা নাই। শংকা কাতি কৰি দাসে টপৰাই ক'লে।

:: হয় ছাৰ, দাসে ঠিকেই কৈছে। ই  সকলো কথা সুস্থ মগজুৱে সলসলীয়াকৈয়ে কৈছে আমাৰ আগত।

বড়াই মুখ ফুটাই একো নক'লেও অসীম চলিহাৰ চকুলৈ যিটো সন্দেহৰ চাৱনিৰে চালে অসীম চলিহাৰ বুকুত বৰ ভূইকঁপৰ দৰে  কঁপনি সৃষ্টি হ'ল ।

বুকুখনৰ ফালে ফু ফু কৈ দুবাৰ মান ফু মাৰি দি গৰম গৰম লগা ভাৱ খেদিবলৈ চেষ্টা কৰাৰ দৰে কৰি অলপ বেছি খং ভাৱেৰে কৈ উঠিল এইবাৰ অসীম চলিহাই

:: মই কি কৈ আছো শুনিছেনে নাই আপোনালোকে। ই এটা মানসিক ৰোগী হয়। মই মোৰ ভাগিনজনীৰ পৰা এটা বিশেষ সূত্ৰৰ পম খেদি ইয়াৰ বিষয়ে  সৱিশেষ তথ্য সংগ্ৰহ কৰিছোঁ।  ই নিজক বচাবলৈ এইবোৰ আবোল-তাবোল বকিছেহি।মই মোৰ ভাগিনজনীক এতিয়াই মাতি ইয়াৰ সকলো কথা প্ৰমাণ কৰি দিব পাৰিম।

চলিহাৰ মুখৰ কথাবোৰ শুনি ৰক্তিম ,খং আৰু আশ্চৰ্যত কঁপি উঠিল। এইবোৰ কি কৈছে অসীম চলিহাই। সি এটা মানসিক ৰোগী ? ইমান মিছা মাতিছে আৰু ৰাগিনীয়ে ?ৰাগিনীয়ে তাৰ বিষয়ে কি তথ্য দিছে  চলিহাক ! ৰাগিনীক!ৰাগিনীকতো সি ভাল পাইছিল ,বিশ্বাস কৰিছিল।সেইবাবেই তাইক সি সকলো কথা কৈছিল। তেনেস্থলত সেই ৰাগিনীয়ে তাক ইমান বিশ্বাসঘাতকতা কৰিলেনে!
উস্‌ ভগৱান  মই বহুত ডাঙৰ ভুল কৰিলোঁ এইয়া । ৰাগিনীক বিশ্বাস কৰিব নালাগিছিল।ৰাগিনীৰ চকু-মুখত বিশ্বাসৰ আভা বিয়পি পৰাৰ বাবেই মই ! মই  তাইক সেই ডায়েৰীখনো দি দিলোঁ।মূৰ্খামি ! চৰম মূৰ্খামি মোৰ এইয়া। মানুহ চিনাত ভুল কৰিলোঁ। ওপৰে ওপৰে চালে ভাল দেখা মানুহৰ ভিতৰি থাকিব পাৰে কুৎসিত ৰূপ।মানুহক ইমান সততে বিশ্বাস কৰি ধৰ্ষণৰ বলি হৈ বাই মৃত্যুক আকোঁৱালি লৈছিল আৰু মই ! মই যে চক্ৰবেহুত সোমাই পৰিলোঁ ! এই চক্ৰবেহু ফালি মই কেনেকৈ ওলাই যাম ? আৰু ওলাই যাব নোৱাৰিলে মোৰ মা-দেউতাৰ !মা-দেউতাৰ কি হ'ব ! মোক সহায় কৰা প্ৰভূ। মোক সহায় কৰা।কথাবোৰ ভাবি থাকোঁতেই লক'আপৰ লোহাৰ জলঙাৰ ফাকেৰে সি দেখিবলৈ পালে থানাৰ ভিতৰলৈ খৰখোজেৰে সোমাই আহিছে ৰাগিনী। আহিয়েই অসীম চলিহাক উদ্দেশ্যি কৈ উঠিছে

:: বাহঃ মামা বাহঃ। তুমি দেখিছোঁ মানুহটো মনৰ ভিতৰৰ পৰা সকলো ফালেই ,এজন উপযুক্ত মানুহ।

হঠাৎ ৰাগিনীক তেওঁৰ সন্মুখত দেখি আশ্চৰ্যচকিত  হৈ উচপ খাই উঠিল চলিহা।

:: ৰাগিনী তুমি ? তুমি ইয়ালৈ কিয় আহিলা ? মই গ'লো হেঁতেন নহয় তোমালোকৰ ঘৰলৈ।

:: তুমি যাবা বুলি গম পাইয়ো, মই ইয়ালৈ এই কাৰণেই আহিলোঁ মামা, তোমাৰ যে আৰু এটা ৰূপ আছে সেই ৰূপটো ভালকৈ চাবলৈ। তুমি !তুমি কেৱল এজন ধৰ্ষণকাৰী বা হত্যাকাৰী নহয় মামা। মই যি বুজিলোঁ, তুমি এজন ঘোৰ মিথ্যাচাৰীও।ছিঃ মামা তোমাৰ মুখখন চাবলৈও ঘিণ লাগিছে আজি মোৰ।

:: তুমি এইবোৰ কি কৈছা ৰাগিনী। সেই অচিনাকি ল'ৰাটোৱে কথাবোৰ ক'লে বুলিয়েই তুমি বিশ্বাস কৰি ল'লা। মই কি তোমাৰ কোনো নহয় ? মোৰ কথা তুমি তেনেকৈ ক'ব পাৰিলা যে।মোৰ ওপৰত তোমাৰ অকণমানো বিশ্বাস নাই নে।

:: মনে মনে থাকা মামা আৰু কথা নক'বা । মোৰ তোমাৰ কথা শুনাৰ ইচ্ছা অকণমানো নাই ।

ছাৰ,আপোনালোকে এতিয়াই ইন্সপেক্টৰ অসীম চলিহাক গ্ৰেপ্তাৰ কৰক।

কটকী, দাস ,বড়াক উদ্দেশ্যি ক'লে ৰাগিনীয়ে।

কটকী, বড়া আৰু দাস কাষ চাপি আহিল ৰাগিনীৰ।

:: তুমি এইবোৰ কি কৈছা মাজনী। আমি  এনেকৈ গ্ৰেপ্তাৰ কৰক বুলিলে এজন অফিচাৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰো নহয়।উপযুক্ত প্ৰমাণ লাগিব আমাক। ওপৰৰ পৰা অৰ্ডাৰ আহিব লাগিব, তেতিয়াহে আমি তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিম।বড়াই কৈ উঠিল।

অসীম চলিহাৰ চকু-মুখত ফুটি উঠা অসহায় অৱস্থাটো লক্ষ্য কৰিলে কটকী আৰু দাস দুয়োজনে বাৰুকৈয়ে।

:: বড়া,আপোনালোকে ৰাগিনীয়ে ক'লে বুলিয়ে বিশ্বাস কৰি লৈছে নে সকলো কথা।

:: লৈছোঁ ছাৰ, কেতিয়াবা কাগজে কলমে প্ৰমাণ নাথাকিলেও মানুহৰ চকু-মুখে দি যায় উপযুক্ত প্ৰমাণ। আমি মাথোঁ তাক গ্ৰহণ কৰিবলৈ হে টান পাওঁ।

:: ছাৰ,আপোনালোকে যিহেতু উপযুক্ত প্ৰমাণ নাথাকিলে অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে গতিকে এইখন লওক স্বপ্না ৰঞ্জনী ভূঞাই লিখি থৈ যোৱা ডায়েৰী আৰু এই ঘটনাৰ সাক্ষী হিচাপে মই লৈ আহিছোঁ আপোনালোকলৈ বুলি কৈ তিনিটা হাত চাপৰি বজাই দিলে ৰাগিনীয়ে।
থানাৰ বাহিৰত ৰৈ থকা পাহাৰী,কৰৱী আৰু নিশা সোমাই আহিল ৰাগিনীৰ হাততালিৰ সংকেত পাই।
লগত ধহমহকৈ সোমাই আহিল SP আগৰৱালা।

এইবাৰ ভয়ত বাৰুকৈয়ে কঁপি উঠিল অসীম চলিহা।

সেইদিনবোৰৰ সকলো কথা এফালৰ পৰা কৈ গ'ল পাহাৰী ,কৰৱী আৰু নিশাই।
অসীম চলিহাই সকলো কথা মিছা বুলি ক'বলৈ নানান টা কথা ক'লে। SP আগৰৱালাৰ লগতো গোপন বৈঠকত বহিব বিচাৰিলে কিছু সময়।

পাহাৰী, কৰৱী , নিশা আৰু ৰাগিনীয়ে অসীম চলিহাৰ গ্ৰেপ্তাৰৰ বাবে থানাৰ ভিতৰতে প্ৰতিবাদৰ শ্লোগান দি কঁপাই তুলিলে সোণাপুৰ থানা 'গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰক, ধৰ্ষণকাৰী অসীম চলিহাক গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰক, হত্যাকাৰী অসীম চলিহাক গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰক ,গ্ৰেপ্তাৰ কৰক মিথ্যাচাৰী অসীম চলিহাক গ্ৰেপ্তাৰ কৰক। আমাৰ দাবী মানিবই লাগিব। দোষীক হাৰি যাবলৈ নিদিব। নহ'লে দিনে দিনে ধৰ্ষণকাৰী বাঢ়িব, ছোৱালীবোৰ নিৰাপত্তাহীনতাত ভুগিব। ইন্সপেক্টৰ অসীম চলিহাক সাৰি যাবলৈ দিয়া নহ'ব।'

SP আগৰৱালাৰ নিৰ্দেশত দাসে বেৰত ওলমাই থোৱা হেণ্ডকাফ্‌ ডাল আনি পিন্ধাই দিলে অসীম চলিহাৰ হাতত ।চাকৰিৰ পৰা অৱসৰ ল'বলৈ আৰু দুটামান দিন থকা দাসৰ মুখত এটা সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল। সৰু মানুহে ডাঙৰ অপৰাধী জনক গ্ৰেপ্তাৰ সুখত, প্ৰকৃত অপৰাধীক আইনে শাস্তি দিয়াৰ সুখত, আৰু "দেশতকৈ মোমাই ডাঙৰ নহয়" দেশৰ বাবে লাচিত বৰফুকনে কোৱা কথাষাৰ ৰাগিনীয়ে অপৰাধ কৰা মোমায়েকক ধৰাই দিয়াৰ  সুখত আৰু ,আৰু আজি নাৰী কিমান সাহসী ৰাগিনী ,পাহাৰী, কৰৱী আৰু নিশাই সোণাপুৰ থানাৰ চৌহদ , শ্লোগান দি কঁপাই দিয়াৰ সুখত।

লক'আপৰ ভিতৰৰ পৰা  কটকী ,বড়া আৰু দাসে ৰক্তিমক উলিয়াই দি চেল্যুট দিলে। লগতে ৰাগিনী আৰু ৰক্তিমক শুভেচ্ছা জনালে।

থানাৰ চৌহদত থকা কৃষ্ণচূড়াজোপাৰ তলৰ বেঞ্চখনতে ৰাগিনী আৰু ৰক্তিম দুয়ো বহিল। পানীৰ বটলটো আগবঢ়াই দিলে ৰক্তিমলৈ ৰাগিনীয়ে।হাত পাতি ৰাগিনীৰ পৰা বটলটো ল'লে যদিও তাইৰ চকুলৈ চাবলৈ দুখ লাগিল ৰক্তিমৰ।ভুল বুজিছিল যে সি ৰাগিনীক অকণমান সময়ৰ বাবে। "পোছাকৰ আঁৰৰ মানুহজন"ক ধৰা পেলাবলৈ এই ৰাগিনীয়েতো তাক সকলোফালেই সহায় কৰি দিলে। সেই ৰাগিনীকে যে সি...

দোষীয়ে উচিত শাস্তি পাবলৈ দিনটো দৌৰাদৌৰিকৈ সকলো কাম ন্যায়ীকৈ কৰা ৰাগিনীৰ পেটটো ভোকত কলমলাই উঠিল। মনত পৰিল তাইৰ।কেক এপিচ আৰু চাহকাপ খাই, পুৱাতে মাকে যতনাই দিয়া লুচি-ভাজিখিনি তাই টিফিন এটাত ৰক্তিমলৈ বুলি ভৰাই আনিছিল মনে মনে ।বেগতে আছে। টিফিনটো  উলিয়াই আনিলে তাই বেগৰ পৰা। টিফিনৰ ঢাকনি খনতে তাই নিজলৈ বুলি এখন লুচি আৰু ভাজি অকণমান লৈ  ৰক্তিমক দিলে বাকী লুচি-ভাজিবোৰ ।

লক'আপৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছত প্ৰথম বাৰলৈ ৰাগিনীৰ চকুলৈ চাই বুকুৰ মাজত অতদিনৰ পৰা লৈ থকা দুখ-ক্ষোভৰ বৰফ বোৰ গলি সৰসৰাই বৈ আহিল   ৰক্তিমৰ।

সমাপ্ত।

পৃষ্ঠা ১২
অণুগল্পঃ

ক/ বীৰ পুৰুষ

হেমা চৌধুৰী গগৈ
৭০০২৯৬১৩৬২

কাপুৰুষ , অকৰ্মণ্য বুলি জীৱনটো কেৱল নিন্দা শুনি থকা মাধুৰ্য্যই মৃত্যুৰ পিছত বীৰৰ  আখ্যা পালে ৷ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ পৰা মাধুৰ্য্যই বহুজনক উদ্ধাৰ কৰিলে৷ মাধুৰ্য্যৰ ফুলি উঠা দেহটোক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গোট খোৱা প্ৰতিজন ব্যক্তিৰ মুখত এতিয়া এটাই কথা " ভাল ল'ৰাজন ঢুকাল"৷


খ/ পিতৃৰ মৃত্যুত  
              
মীনাক্ষি ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী ।

হঠাৎ দীননাথ চৌধুৰীৰ এটৰ্নীৰ পৰা এখন চিঠি পালে সুকন্যাই । চিঠিখনত লিখা আছিল যে দীননাথে মৃত্যুৰ পূৰ্বে এখন ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি থৈ গৈছে । তাত সুস্পষ্টভাৱে লিখা আছে, তেওঁ সজ্ঞানে, সুস্থ মস্তিষ্কেৰে শ্ৰীমতী সুকন্যা বৰ্মনক তেওঁৰ গুৱাহাটীৰ চানমাৰিত থকা তিনিমহলীয়া ঘৰটো দান কৰি দিছে । সুকন্যাৰ ওচৰত তেওঁলোকৰ পৰিয়ালৰ কৃতজ্ঞতা আৰু ‌‌ঋণৰ অন্ত নাই । সামান্য ঘৰ এটা দি তাইৰ ঋণ পৰিশোধ কৰিব পৰা নাযায় । তথাপিও তাই যদি এয়া গ্ৰহণ কৰে, তেনেহলে মৃত্যুৰ পিছতো তেওঁৰ আত্মাই শান্তি লভিব ।
এটৰ্নীৰ চিঠিখন পঢ়ি থাকোতে সুকন্যাৰ হিয়াখনি গভীৰ বিষাদে ছাটি ধৰিলে । চকুদুটি বাধা নমনা লোতকেৰে ভৰি পৰিল । কিছুদিনৰ বাবে বিচিত্ৰ স্বভাৱৰ মানুহ এজনৰ সংস্পৰ্শলৈ আহিছিল তাই । দীননাথৰ মৃত্যুত তাইৰ মনত হ'ল, তাই যেন দ্বিতীয়বাৰৰ বাবে পিতৃহীনা হ'ল ।

পৃষ্ঠা ১৩
গ/ পাগলী

নিবেদিতা দাস দত্ত
পটিয়াগাও, যোৰহাট

ভাদমাহৰ ৰ'দত কম্বল উৰি ৰাস্তাৰ কাষত শুই থকা এগৰাকী মহিলাক সকলোৱে পাগলী বুলি খেদি ফুৰিছে। মহিলাগৰাকীয়ে কাকো জনাবলৈ সাহ কৰা নাই যে পুত্ৰ-বোৱাৰীয়ে বছৰে বছৰে বাহিৰত ওলিয়াই থোৱাৰ বাবে, ৰাস্তাত আহি আশ্ৰয় লৈছেহি ।

ঘ/ উচ্চভাব

জুপিতৰা মহন্ত
জাঁজৰি,নগাঁও।

কায়স্থ শংকৰ ওজা ছাত্ৰ হোৱা হেতু লগৰীয়াৰ অভিভাৱকৰ খঙে চুলিৰ আগ পাইছিল। তেওঁলোকে  এই অভিযোগ গুৰু মহেন্দ্ৰ কন্দলীক দিছিলে। ছাত্ৰ শঙ্কৰে গুৰুক উদ্দেশ্যি ক'লে," গুৰুদেৱ, দুই এখন শাস্ত্ৰ পঢ়ি বিদ্যান লোক বুলি কোৱাৰ ধৃষ্টতা মোৰ নাই, কলেও নুশুৱাই। তথাপি আপোনা সবৰ আগত কিছু বেকত কৰিবলৈ মন মেলিছোঁ।সকলোৰে জাতি ভিন ভিন হ'লেও আমি একেজন ঈশ্বৰকে পুজিছোঁ, সকলোৱে একে বায়ুৰে শ্বাস কাৰ্য সমাপন কৰি, একে ধৰণৰ আহাৰকে গ্ৰহণ কৰি জীৱন জীয়াইছোঁ। এই উচ্চ নীচৰ বিচাৰ কৰাটো জানো সমীচীন কথা !

( সমাজ সংস্কাৰক, ধৰ্ম প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাব তিথিত তেখেতক প্ৰণিপাত যাছিলোঁ)

পৃষ্ঠা ১৪
এক মিনিটৰ গল্পঃ

আশাৰ সমাধি

সীতা দেৱী,
বিহপুৰীয়া, লখিমপুৰ

আজি বহুদিনৰ পৰা মনটো গধূৰ হৈ আছে। এক অজ্ঞাত বুজাব নোৱাৰা চিন্তাৰ কাৰণে মনটো অস্থিৰ বেদনাসিক্ত হৈ পৰিছে। কোনো কামতেই উৎসাহিত হ'ব পৰা নাই।সজাত বন্দীহৈ থকা চৰাইৰ দৰে ঘৰতে সোমাই থকা আজি দুমাহৰ বেছি হ'ল। কোনো মানুহৰ আহ-যাহ নাই। নিতান্তই ওলাই যাব লগা কামৰ বাদে কলৈকো যোৱা নাই। ফোনক'লবোৰো ভাল নলগা হ'ল। লাগ বান্ধ নোহোৱা চিন্তাবোৰে বৰকৈ আমনি কৰা হ'ল।
           খিৰিকীখন মেলি দিওঁতে গম পালো সন্ধ্যা কেতিয়াৱাই  হ'ল। ফৰকাল আকাশখনত জোনাক, তৰাবোৰ তিৰবিৰাই আছে। মাজে মাজে শুকুলা ডাৱৰ। আকাশৰ মায়াপী দৃশ্য। মই মন্ত্ৰমুগ্ধ হৈ পৰিলোঁ।  এনেকুৱা এক উজ্বল সন্ধিয়া ৰিমঝিমে মোক ফোন কৰি তাইৰ প্ৰতি থকা মোৰ আন্তৰিকতাক সঁহাৰি জনাইছিল। লাহে লাহে আমাৰ সম্বন্ধ গাঢ়  হৈছিল। প্ৰেমৰ মিঠা মিঠা কথাৰে কলেজ, কেন্টিন আৰু পাৰ্কত সময় পাৰ হৈছিল। জীৱনত কেতিয়াও এৰা এৰি নোহোৱাৰ প্ৰতিশ্ৰুতিৰে সময় পাৰ হৈ থাকোতেই হঠাৎ ৰিমঝিম এদিন কলেজলৈ অহা নাছিল। ফোন বন্ধ আছিল। পিছদিনাও নাই... নাই যে নাই। কোনো খবৰও নাই। কোনেও নাজানে । তাইক মই বিচাৰি নাপালোঁ। কিন্তু মোৰ বিশ্বাস ম্ই তাইক  লগ নিশ্চয় পাম। এনেকৈ ৫বছৰ পাৰ হ'ল। মই তাইক এক মূহুৰ্তৰ বাবেও পাহৰিব পৰা নাই। এনেতে মোৰ চাকৰি হ'ল। অন্য এখন চহৰত। চাকৰিত যোগদান কৰি তাতেই থাকিবলৈ ললো। হঠাৎ এদিন ৰিমঝিমক পাৰ্ক এখনত লগ পালো। তাই মোক দেখি চিঞৰি কান্দি উঠিছিল আৰু গোটেই কথা ক'লে। মোৰ লগত শেষ বাৰৰ বাবে দেখা হোৱাৰ দিনাই দেউতাকৰ বদলি সূত্ৰে এই চহৰলৈ আহোঁতে পথ দুৰ্ঘটনাত মাক দেউতাকৰ মৃত্যু হৈছিল আৰু তাই ভৰি দূখন হেৰুৱাই পেলাইছিল। তাই পঙ্গু হৈ পৰাৰ বাবে মোৰ লগত যোগাযোগ অব্যাহত ৰখা নাছিল। মই শিল পৰা কপৌৰ দৰে হ'লো। বৰ দুখ লাগিল। লগে লগে ম্ই তাইক কোচত উঠাই মন্দিৰত বিয়াখন পাতি  মোৰ ঘৰলৈ আনিলো। 
          সুখেৰে দিন পাৰ হৈ থাকোতেই হঠাৎ এদিন অঘটন ঘটিল। ৰিমঝিমে বুকুখন বিষাইছে বুলি কন্দা কটা কৰাত মই তাইক চিকিৎসালয়ত ভৰ্তি কৰালো। চিকিৎসকে পৰীক্ষা কৰি ক'লে তাই আৰু নাই। মই স্তব্ধ হৈ পৰিলোঁ। আৰু তেতিয়াৰে পৰা স্মৃতিৰ গধুৰ বোজা লৈ চলি আছোঁ আৰু জীৱন থকালৈ চলি থাকিম।

পৃষ্ঠা ১৫
পলস

দিব্যজ্যোতি বৰুৱা
গোলাঘাট, দূৰভাষ : ৬০০০২৩৯৫৭৬

       শামুকৰ খোলাৰ কেঁচা মঙহৰ দৰে তাৰ বুকুতো সন্তৰ্পনে সোমাই আছে এক অজান কাহিনী । আজিকালি প্ৰায়ে তাক সুখ আৰু আনন্দৰ প্ৰচ্ছায়া এটাই বুকুত দোলা দি থাকে অহৰহ । কেতিয়াবা বগা ৰংটোক ৰঙীন কৰাৰ বিপুল বাসনা এটাও নজগা নহয় তাৰ ।
        
        আনদিনাৰ দৰেই সি তাৰ ফেচবুক টাইম লাইনত লিখিবলৈ আৰামী চকীখনত বহি পৰিল। এটা চুটিগল্প 'পলস' । টাইমলাইনৰ স্ক্ৰীনত আঙুলিটো দিছিলহে মাত্ৰ আকৌ মেলি দিলে তাৰ ভাৱনাৰ দুৱাৰ । " পলসুৱা হৃদয়ৰ ভাৱনাৰ সেউজীয়াই চুই গ'ল বৰকৈ, অধ্যয়নৰ ব্যাপ্তি , কঠোৰ অনুশীলন আৰু অভিজ্ঞতাৰ বৰ্ণময় শাব্দীক নিৰ্মাণৰ আপোনাৰ যি কচৰৎ সঁচাই অনুপ্ৰাণিত হ'লো বৰকৈ। বুকুৰ অহা-যোৱা হালধীয়াবোৰ এনেদৰেই ৰঙা হয় । ভাল লাগিল । লিখি যাওক এনেদৰেই। " বাৰ্তা বাকচৰ সহস্ৰাধিক গুণমুগ্ধৰ ভিতৰতে পৃথক কিয় এই ৰাগিনী বৰুৱা ? কোন এই ৰাগিনী বৰুৱা ? বুকত এই শুভ্ৰ ফুলপাহ ফুলিয়েই থাককচোন, বুকুৰ চৌপাশ মুখৰিত হৈ থাককচোন এনেদৰেই, বুকুৰ পৃথিৱীত পোহৰৰ পলস হৈ । তথাপিওচোন আজি সি গল্পটোত কিয় এনেদৰে লিখি পেলালে। অস্থিৰতাবোৰ একেই , বাসনাবোৰো ! কিন্তু হৃদয় যে অসহায় !

পৃষ্ঠা ১৬
অনুবাদ কবিতা ঃ

Elevation
(Charles Baudelaire)

Above the lakes,beyond the vales,
The mountains and the woods,the clouds,the seas,
Farther than the sun,beyond the ether,
Beyond the confines of the starry spheres,

My soul,you move with ease,
And like a strong swimmer in rapture in the wave
You wing your way blithely through boundless space
With virile joy unspeakable.

Fly far,far away from this baneful miasma
And purify yourself in the celestial air,
Drink the ethereal fire of those limpid regions
As you would the purset of heavently nectars.

Beyond the vast sorrows and all the vexations
That weigh upon our lives and obscure our vision,
Happy is he who vigorously fans the senses
Soar up towards those fields luminous and serene,

He whose thoughts,like skylarks,
Toward the morning sky take flight
Who hovers over life and understands with ease
The language of flowers and silent things.

উচ্চতা 
( মূল:   ELEVATION By Charies Baudelaire
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী )

বিলবোৰৰ ওপৰত, উপত্যকাৰ সিপাৰে,
পৰ্বত-অৰণ্য-সাগৰ-ডাৱৰৰো সিপাৰে,
সূৰ্যতকৈও আঁতৰত, দূৰণীৰ মলয়াকো অতিক্ৰমি
নক্ষত্ৰ বিভূষিত এই গোলকৰো সীমনা পাৰ হৈ,

মোৰ আত্মা, অনায়াসে ফুৰা তুমি, আৰু,
ভাল সন্তুৰক ঢৌ খেলি আহ্লাদিত হোৱাৰ দৰে
হৰ্ষচিত্তে উৰা মাৰা তুমি সীমাহীন মহাকাশলৈ
পৌৰুষেয় অপ্ৰকাশ্য উলাহেৰে ৷

উৰি যোৱাঁ, যোৱাঁ উৰি এই নাশকাৰী দুৰ্গন্ধৰ বহু ওপৰলৈ,
আৰু, তাৰ নিৰ্মল বায়ুৰে কৰি নিজকো পবিত্ৰ 
পান কৰা সেই পূণ্যস্থান ভৰি থকা পবিত্ৰ অগ্নি,
সেয়া যে হ'ব তোমাৰ বাবে শুদ্ধতম সৰগীয় সুধা ৷

এই অন্তহীন দুখ, ক্লান্তি আৰু সমস্ত বিৰক্তিৰ সিপাৰে
যাৰ ভৰত চেপাখোৱা আমাৰ জীৱন আৰু ধূসৰ দৃষ্টি,
তেৱেঁই সুখী, যিয়ে দৃঢ়তাৰে তেওঁৰ চেতনাক
গতি দিব পাৰে শান্তি আৰু উজ্জ্বলতাৰ দিশে,

তেওঁ, যাৰ বোধাত্মাই, ভৰদ্বাজ পক্ষীৰ গতিৰে,
প্ৰভাতী আকাশৰ দিশে উৰা মাৰে, তেৱেঁই 
জীৱন বীক্ষণ কৰি, অনায়াসে বুজি উঠে
ফুল আৰু জড়-জগতৰ ভাষা ৷

ফৰাছী কবি চাৰ্লচ বোদলেয়াৰ (১৮২১-১৮৬৭) উনবিংশ শতিকাৰ এজন প্ৰসিদ্ধ কবিয়েই নহয়, তেওঁক বিশ্ব সাহিত্যৰ বুৰঞ্জীৰ এক উজ্জ্বল নক্ষত্ৰ বোলা হয় ৷  ১৮৫৭ চনত তেওঁৰ প্ৰথম কাব্য সংকলন 'The Flowers Of Evil' ( ফৰাচী ভাষাত)  প্রকাশ পায় ৷ ১৮৬২ চনত বোদলেয়াৰৰ একুৰি ' কথা-কবিতাৰ' এক সংকলন প্ৰকাশ পায় ৷ তেওঁৰ মৃত্যুৰ পিছত মুঠ আঢ়ৈকুৰি 'কথা-কবিতাৰ' আন  এটা সংকলন প্ৰকাশ কৰা হয় ৷ তেওঁ সেই সময়ৰ এজন আধুনিক আৰু প্ৰগতিশীল (Radical) লেখক আছিল ৷ তেওঁৰ এনে প্ৰগতিশীল ভাৱধাৰাৰ প্ৰভাৱ বিংশ শতাব্দীৰ টি এচ ইলিয়ট আদি বিখ্যাত সাহিত্যিকসকলৰ ৰচনাতো পৰিলক্ষিত হয় বুলি বিজ্ঞসকলে মত পোষণ কৰে ৷

পৃষ্ঠা ১৭
ল'ৰাটো

মূল বাংলাঃ অৰণি বসু
অসমীয়ালৈ অনুবাদঃ বাসুদেব দাস

বাতৰি কাকতৰ প্রথম পাতৰ ছবি হোৱাৰ তেওঁৰ কোনো যোগ্যতাই নাছিল,
ৰূপ নহয়, মেধা নহয়, নাছিল প্রতিভা।
সি আছিল খুবই সাধাৰণ জোখৰ এজন, সাধাৰণ উচ্চতাৰ, সাধাৰণ বুদ্ধিৰ, গাৰ বৰণো মজলীয়া।
আমি সঠিক নাজানোঁ
হয়তো কোনো চাকৰিও নাছিল তেওঁৰ, হয়তো সি আছিল কোনোবা এক 
বৃদ্ধ দম্পতিৰ একমাত্র আশা ভৰসা।
তেতিয়াও সি এদিন
বাতৰি কাকতৰ প্রথম পাতৰ বাতৰি হৈ, ছবি হৈ 
মানুহৰ ঘৰবোৰত আহি পাইছিল।
অৱশ্য মুখামুখি থিয় হোৱা ছবি নহয়, আকাশৰ পিনে চাই 
চিত হৈ শুই থকা ছবি, নাকৰ বিন্ধাত তুলা।

তেনে একো কৰা নাই সি,
পূজাৰ ভিৰৰ মাজত কেইজনমান লম্পট যেতিয়া এজন ছোৱালীক বিৰক্ত কৰি আছিল,
তেতিয়া ভিৰৰ মাজৰ পৰা সি অকলে, যেতিয়া সকলোৱে নির্বিকাৰ ঔদাসীন্যত 
গলধন ঘুৰাই লৈছিল,
তেতিয়া সি অকলে প্রতিবাদ কৰিছিল, অলপ বেছি কঠিন প্রতিবাদ, আৰু
অকলে প্রতিবাদই নহয়, প্রতিৰোধ কৰিবলৈ আগবাঢ়ি গৈছিল সি।
তাৰপাছত সেই সাধাৰণ ল'ৰাটো অসাধাৰণ বাতৰি হৈ গ'ল।

পূজাৰ ছুটিৰ পাছত প্রথম দিনৰ বাতৰি কাকতত
তেওঁৰ ছবিৰ ফালে চাই আমাৰ চকুলোৰ ওলাই আহে।
তেওঁৰ বাবে সিমান নহয়, যিমান নিজৰ বাবে 
নিজৰ ব্যর্থতা ,অপমান আৰু লাজৰ কথা ভাবি।

দিন চুটি হৈ আহিলে ৰাতিপুৱা ন’টাৰ সাইৰেণ যেতিয়া খোঁয়াৰৰ পৰা 
আমাক ঠেলি ওলাই দিয়ে,
যেতিয়া আমি দৌৰি থাকোঁ, এজন আন এজনক অতিক্রম কৰি দৌৰি থাকোঁ, আৰু 
মাজে মাজে নিজৰ তেজ নিজেই চেলেকি খাওঁ, যেতিয়া মিনিবাছ বাছৰ গলধনৰ উপৰেদি, বাছ ট্রামৰ গলধনৰ উপৰেদি,
দৌৰি যায় 
তেতিয়া সেই ল'ৰাটোৰ কথা মনত পৰিলে আমি অলপ থমকি যাওঁ।
নিজক বচাই চলাই য’ত সভ্যতা তাত ল'ৰাটো গৈছিল মূৰ ঘমাবলৈ।

পৃষ্ঠা ১৮
ভালপোৱাৰ চকুৱে চোৱা

মূল : মহাদেৱ সাহা
অনুবাদ : জান বৰদলৈ

ভালপোৱাৰ চকুৱে চোৱা,  দেখিবা সকলো সুন্দৰ 
চোৱা এই ভালপোৱাৰ চকুলৈ ,
দেখিবা জীৱন মধুৰ, 
দেখিছানে আগেয়ে তিনিবাৰ কোৱা,
চোৱা এই ভালপোৱালৈ 
তাৰ পাছত চাবা , সাধাৰণকো মনত ভাব হ'ব  
 বেছিভাগ শব্দই ভুলকৈ 
উচ্চাৰণ কৰিছে, 
 আৰু তেওঁৰ কথা-বতৰা মতে হয় কাব্যময় !

যিজনে হাতেৰে লিৰিকি বিদায় কিবাকিবি  কৰিব খোজে , ভাব হয় তেওঁৰ হাতখনেও
শিল্প ! 
যাৰ মাত চৈ'তৰ  বতাহ দৰে
সেই বতাহ সেই মাত হ'ব পৃথিৱীৰ
মধুৰতম কবিতা ! 

কেৱল চোৱা ভালপোৱাৰ চকুলৈ, ভালপোৱাৰ চকুৰে চোৱা,
অনুভৱ হয়, পৃথিৱীখন কিমান যে সুন্দৰ, 
জীৱন কি যে মধুময়, 
অনুভৱ হ'ব যিকোনো সাধাৰণকো
অতুলনীয় ।

পৃষ্ঠা ১৯
কবিতাঃ

কথাবোৰ

অনিতা মেধি মিশ্র 
বঙাইগাঁও

কথাবোৰ চাগে এনেকুৱাই
অনৰ্থক হুমুনিয়াহ কঢ়িয়াই
কথাবোৰ তিতি থাকে চকুপানীত

আৱেগক আগুৱাই
বিবেকক  পিছুৱাই
বুকুৱে-বুকুৱে ৰৈ যায় কিমান কথা

কথাবোৰ পাগুলি থাকোতেই
অপৈণত বাটে
খোজকাঢ়ে সপোনে
থৰক-বৰক

কথাবোৰ চাগে এনেকুৱাই
অনিমন্ত্ৰিত আলহী হৈ
থিয় দিয়েহি দুৱাৰদলিত

আৱেগত খোপনি পুতিব নোৱাৰি
কথাবোৰ উফৰি পৰে
চিন্তাৰ নৰাণিত

কথাত বাঢ়ে কথা
কথাৰ ফাঁকত লুকাই
ক'ত গোপন কথা

শেষ হৈয়ো শেষ নহয় কাহানিও
কথাৰ আঁৰৰ লেথেৰি

সাধুকথাৰ দৰেই সময়ে নেপথ্য সলালেও
কথাবোৰেই মনৰ ডেউকা

মনৰ চেঁচুকত কথাবোৰে
গঢ়ে সুখৰ অৰণ্য
পুঞ্জীভূত বেদনা খান্দি...।

পৃষ্ঠা ১৯
পাত

ফাৰহান জাৱেদ

পতবোৰ
বিৰিখৰ ডাল বগাই ফুৰা
নাচনী
গান এটা ওঁঠত লৈ
গুণগুণাই থাকে...।

পৃষ্ঠা ২০
সেইটো সময়ে ক’ব

গণেশ চন্দ্ৰ কছাৰী

আহিবা আহিবা বুলি
বুকু ভৰা মৰমেৰে
বাট বোলোঁ সময়লে
লৈ ওৰণিমুখৰ সপোন !

অপেক্ষাৰ মৰমবোৰ বৰ আকলুৱা
এপাহি চেনীচম্পা হৈ চৌপাশে
চৌফলীয়া ৰ’দটো সুগন্ধিত নোৱাই
আঁহে-পাহে ৰিমঝিম কথাকলি!

এটি আলসুৱা গুটিমালি হাঁহিত
বতৰৰ বেণী গুঠি জোখে
সময়ৰ দীঘলীয়া শাৰী
খোজত খোজৰ ভৰ থৈ 
গজদন্ত কামাতুৰ হস্তিনীপাৱ 
লালসাই ফুলি উঠে সন্তজন
মতিভ্ৰম হৈ...

সপোন খেলা দুভৰিৰ যাদুত
বান্ধখাই শইচ সোণোৱালী মন

পৃষ্ঠা ২১
এটা অজুহাত বিচাৰি

নিহাল গগৈ

এটা অজুহাত বিচাৰি পালেই মই উৎফুল্লিত হৈ পৰোঁ।
বিশ্বাসযোগ্যতাৰে কথা দি কথা নাৰাখিলেও হয়,
প্ৰয়োজনত কিংকৰ্ত্তব্যবিমূঢ় হ'লে কিছু সকাহো পাব পাৰি;
মুঠতে মই ঘূৰি ফুৰোঁ এটা অজুহাত বিচাৰি।
আপুনি মোক ঘৃণা কৰিব পাৰে
অজুহাতৰ পৰ্দা ফালি মোৰ স্বাৰ্থক 
আপুনি জল-জল পট-পটকৈ দেখিব পাৰে।
হ'লেও,
অজুহাতৰ আঁৰ লৈ মই দেখোঁ অজস্ৰ সপোন...!
মোৰ বুকুত অজুহাতৰ পৰ্দা তৰি গোপনে গজালি মেলা
স্বাৰ্থৰ গছজোপাক মই নিয়াৰিকৈ লালন পালন কৰোঁ,
শিপাবোৰে খামুচি ধৰিবলৈ মই অজুহাতৰ উপৰিও অজুহাত বিচাৰি ফুৰোঁ !
অজুহাতবোৰ কেৱল আহিলা, হ'লেও
আপুনি যে নোৱাৰে আক্ষেপ কৰিবলৈ কোনোদিনে
সেয়ে মোৰ অজুহাতে আপোনাক সদায়ে বাকৰুদ্ধ কৰে।
আৰু এটা নতুন অজুহাতৰ সন্ধানত মই ত্ৰিভুৱন ঘূৰোঁ।

পৃষ্ঠা ২২
ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কাহিনী

ৰিণ্টু টায়ে
দূৰভাষ-৭০০২৭৬১৬১৮
চৰাইদেউ , অসম।

মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টটো লিখিবলৈ
তেওঁক  লাগে এটা কলম ।

অফিচৰ টেবুলে টেবুলে
 ৰঙাফিটাৰ মেৰপেচত 
তেওঁৰ ভাগ্য লেখি লেখি বিষয়াৰ বহু চকী সলনি হ'ল।

কথা সলনি হ'ল ,
পাঁচশ টকীয়া নোট নতুন হ'ল
দুই হাজাৰ টকীয়া নোট ওলাল।

বহু চৰকাৰ আহিল আৰু গ'ল।
আশাবোৰ কুঁৱলীৰ মাজত
ধূঁৱলী-কুঁৱলী কৈ সময় নদীত ভটিয়াই গ'ল।

এই যে আশীৰ দশকৰ শ্ৰেণীকোঠাৰ
শিশুৰ খিলখিল হাঁহিবোৰ,
গাঁৱলীয়া অভিভাৱকৰ উচ্ছ্বাসপূৰ্ণ সহযোগিতাবোৰ 
এতিয়া মৰহা ফুলৰ পাপৰি । 

নব্বৈ দশকৰ নতুন পুৰুষৰ
কত পোখা মেলালে জ্ঞান বৃক্ষৰ
সময় সাক্ষী আজি সকলো ম্লান পৰি গ'ল।

কত পৰিদৰ্শক আহি
খং ৰাগৰ অভিনয় কৰি 
টোকোনাৰ তলি চুঁচি জেপত ভৰাই 
আশ্বাসৰ টোপোলাটি মেলি
কি টোকা লিখিলে ৰঙাফিটাৰ ফাইলত হেৰায়!

আজি মৰণৰ সংকট বেলা
 ইউডাইচত (UDISE) ত শূন্য তথ্যৰে ভৰা 

জীৱনত এৰি অহা তেত্ৰিশটা বসন্ত
তেওঁৰ ভেঞ্চাৰ স্কুলতে গ'ল ।
চকুলো দুধাৰি বাগৰে এতিয়া  
মৰিশালি নিস্তব্ধতা
কোনে ভাবিব তেওঁৰ পেন্সনৰ কথা?

তেওঁৰ 
ত্যাগৰ গৰিমা 
আঘোণৰ পথাৰত হেৰাই যোৱা লেচেৰি ।

অস্তগামী বেলিৰ উচ্ছ্বাসহীন দীপ্তিত
উদ্ভাসিত তেওঁৰ মুখমণ্ডলত
স্কুল খন জীয়াই তোলাৰ কৰুণ অভিব্যক্তি।

পৃষ্ঠা ২৩
সভ্যতাৰ সাধু...

মঞ্জিত হাজৰিকা
সহঃ সম্পাদক, অঙ্গন।

নৈ, বিল, পাহাৰ, পৰ্বত, জাৰণী, পিটনী আনকি আকাশটো
লিখা হৈছে এটা সাধু
ঠিক বেজবৰুৱাৰ বুঢ়ীআই সাধুৰ বিপৰীতে

সাধুটো সন্ধ্যাৰ চোতালত পাটীঢাৰীত ন'বহে
হেলেঙী বোৱা ওঁঠত নুফুলে
সাধুটো নবয় হৃদয়ৰ পৰা হৃদয়লৈ
নুফুটে মুখে মুখে

সাধুটোৱে এটা বন্ধ কোঠাত 
অকলে কান্দে
অকলে হাঁহে
অকলেই এখন সংসাৰ আবৰি থকে
সাধুটো বগুৱা বাই ফুৰে ইলেক্ট্ৰিক ডিভাইছৰ বুকুৱে বুকৱে

পৰিবৰ্তন ভাল
পৰিবৰ্তনৰ কুজকাবাজে শিকাই নতুনৰ গান

পৰিবৰ্তনৰ আঁচলত ধৰি কিমান পৰিবৰ্তন হ'লো আমি ?
এতিয়া প্ৰতিটো ক্ষণত প্ৰতিযোগিতা
শ্ৰেষ্ঠ হোৱাৰ অসীম হাবিয়াসত
ডুব যায় মানৱতাৰ ভোটাতৰা

আজিকালি আমি ৰ'দৰ কথা নেপাতো
বৰষুণৰ গান নেগাওঁ
শৰতৰ আকাশৰ তলত বহি
খেপিয়াই নেচাওঁ শেৱালীৰ সুকোমল দেহা

ভাল দিন এটাৰ বাবে ৰৈ ৰৈ
আলৈ-বিলৈ কৈ বহি থকা পিৰালিৰ হুমুনিয়াহটো
এতিয়া বৰঘৰত সোমাল
আয়ে বেচিনত পখালে নিমখীয়া দুগাল

সভ্যতাই যদি পাহৰাই পেলাই মানুহক 
মানুহৰ কথা
সভ্যতাই যদি ঠেকাই পেলাই হৃদয়ৰ বিশালতা
তেনে সভ্যতাক আমি ঘিণ কৰোঁ আহক
তেনে সভ্যতাৰ আকাশত পাৰিজাত নুফুলক 

এখন আকাশ লাগে শৰতৰ আকাশৰ দৰে
এখন পৃথিৱী লাগে সত্য যুগৰ দৰে
এখন সমাজ লাগে যুধিষ্ঠিৰ দৰে

সভ্যতাৰ সাধুটো মানৱ জীৱনৰ উৎকৃষ্ট সাধু হওক
উন্নয়ণৰ চৰম সীমাত ৰৈও মানুহে ভাব মানুহৰ কথা
মানৱতা
মানৱতা
মানৱতা...

পৃষ্ঠা ২৪
আকাশত বৃত্ত অঁকাৰ চিলনী

দীপাংকৰ জ্যোতি বৰা
যোৰহাট

("Before the poet was a poet
many things went unseen:

clouds sometimes wheedled a ray out of the sun parents kept photographs under their pillows letters never said everything they wanted to lectures were interrupted by a commotion of leaves every step was upon a blind spot."

-Sridala Swami)
 
এদিন আবেলী এটাৰ সতে গুণগুণাই থাকোঁতে
দুচকু মোৰ য'ত থৰ লাগি ৰৈছিল

দুভৰি মোৰ  আগুৱাই গৈছিল টেবুলখনৰ কাষলৈ
টেবুলত পঢ়িবলৈ আনি থোৱা এখন কিতাপ
টম মেডক'ৰ "আকাশত বৃত্ত অঁকাৰ চিলনী"
মোহাচ্ছন্ন কৰি ৰখা সেই বেটুপাতৰ শিৰোনামৰ ৰং ।
যি ৰঙৰ গোন্ধ বিচাৰি পাত লুটিয়াইছিলো 
যিমানেই লুটিয়াইছিলো
সিমানেই সোমাই পৰিছিলো শিলাখণ্ডৰ নীলা হুমুনিয়াহবোৰত
যাৰ বোৱতি বিস্তৃত ধাৰাত অন্যান্য  শিলাময় মমতা
সোমাই পৰিছিলো খালি চকুৰে দেখা
সময়ৰ অৱহেলিত-অন্যমনষ্কতাৰ কেতবোৰ 
পৰিঘটনাত
যেনেকৈ দূৰৈৰ পথাৰৰ ঢ়লি পৰা আকাশৰ বুকুৰে জীৱিকাৰ অৰ্থ সন্ধান
কেতবোৰ অনুচ্চাৰিত শব্দৰ বুকুৰে এখনি সুৰীয়া চিত্ৰ প্ৰকাশ
তাৰ মাজেৰেই জোকাৰি থকা এজাক বতাহ
সুউচ্ছ আকাশৰ এজনী চিলনীৰ দেউকাৰ
যি প্ৰতি পদে পদে আঁকিব বিচাৰিছিল  আমাৰ পৰিসীমা
সাক্ষী হৈ ৰৈছিল এটি ঘড়ী নে এটি বেলি !!

পৃষ্ঠা ২৫
মোৰ এই কবিতা তোমাৰেই নামত

গীতাশ্ৰী নাথ 
সোনাৰি আটী, মাজুলী

বহুত দিনৰ মূৰত  হাতত তুলি লৈছো কলমটো 
তোমালৈ আজি হঠাৎ মনত পৰিলে 
কিয় নাজানো তোমালৈ মনত পৰিলে 
মোৰ মনলৈ বৈ আহে 
এটি প্ৰেমৰ কবিতা 
এই কবিতা তোমাৰেই নামত 
তোমাৰ লগত অতিবাহিত কৰা 
প্ৰতিটো মধুক্ষণ ,প্ৰতিটো মৌ বৰষি অহা কথা
মৃদু মৃদুকৈ বাজি উঠে মোৰ কাণত
তেতিয়াই এটা কবিতা মোৰ মনলৈ আহে 
মোৰ এই কবিতা তোমাৰেই নামত 
বহুত দিনৰ মূৰত পুৰণি ফটোবোৰ উলিয়াই ললো 
তোমাক এবাৰ হেঁপাহ পলুৱাই চাম বুলি 
তোমাক বুকুৰ মাজত লৈ 
সপোন সাগৰত উটি - ভাহি ফুৰিম বুলি 
আকাশে - বতাহে 
আৰু উলিয়াই ললো নীলা খামৰ চিঠিবোৰ 
তোমাৰ মৰম সনা কথাবোৰত যেন পুনৰ এবাৰ 
আপোন পাহৰা হৈ বিলীন হম 
আমি ৰছাঁ 
সেই মৰমৰ  সপোনৰ মায়াজালত 
থাকিমগৈ আমি সজাঁ  সেই সপোনৰ বালিঘৰটোত 
আৰু তোমাৰ দুবাহুতেই গোটেই জীৱন পাৰ কৰি দিম
কলমটো থৈ আকৌ কলো 
মোৰ এই জীৱন তোমাৰেই নামত ।

পৃষ্ঠা ২৬
সৰা শেৱালিৰ বিৰহৰ কথা

স্বাগতা বৰা
গোলাঘাট

শাৰদীয় গধূলিৰ
   শেৱালিৰ সুবাসত
        নিবিড় জোনাকৰ সতে 
             কথা পাতো,

সৰা শেৱালিৰ বিৰহৰ 
   কবিতা নিলিখোঁ
      সেই স্নিগ্ধ জোনাকত         
         শুভ্ৰ দলিছাত বিৰিঙি 
            উঠা সপোনে 
             আঁকিব বিচাৰোঁ 
                আশাৰ দস্তাবেজ।

জোনাকক সুধিছোঁ 
   শেৱালিৰ আঁচলত
      কোনে বিনাই নিৰৱে      
        চকুলো টোকে!

প্ৰতীক্ষাৰ অন্তত 
  দুবৰিক সুধিলোঁ
    নিয়ৰৰ কণাবোৰ 
      শেৱালিৰ অশ্ৰু নেকি ?
তোমাৰ কাষত 
  শৰতৰ সেমেকা ৰাতি
    স্মৃতিৰ কোঠাত কেনেকৈ
       সামৰিম!
          তোমাৰ সুবাসত ভাৱনা 
             বলিয়া হৈ পৰে,
দুৱৰিৰ হিম চেঁচা 
  আবিৰে বৰ আমনি কৰে,
     পিছে, বুকুখন আজি উকা
       কেনেকৈ বুটলিম তোমাক
           সাঁচি থওঁ মোৰ     
             কেনভাচত
        এখন জীয়া ছবি।।

পৃষ্ঠা ২৭
অভিমানী তুমি 

পৰিস্মীতা গগৈ দত্ত 
শিৱসাগৰ

অভিমানী তুমি বুজিও 
নুবুজা ৷
যদিও কাষত নাই আছা হৃদয়ত ৷
অনুভৱে প্ৰেমৰ সূঁতি বোৱালা 
কলিজাত ৷
জগালা আহি মোৰ শুই থকা সপোনক ৷৷
সুৱাসী মলয়া হৈ কঁপালা কোমল কলিজা ৷
জ্বলালা প্ৰাণতে প্ৰীতিৰে প্ৰেমৰ শলিতা ৷
গাঁঠিলা বকুলৰ মালা সুগন্ধি
মালিতা ৷
সজালা আহি মোৰ মনৰ কোঠা চাই দাপোনত ৷৷
উটি ভাঁহি ফুৰো তোমাৰেই 
ভাৱনাত ৷
নাচি বাগি থাকো প্ৰেমৰেই 
সাগৰত ৷
হাঁহি মাতি পাহৰো বেদনা, 
ভাগৰক
বাকিলা আহি মোৰ হৃদয়ত তোমাৰ প্ৰেমৰে সুৱাসক ৷৷
ভাৱি ভাৱি ডুবি যাওঁ তোমাৰ 
ভাৱনাত ৷
লেখি লেখি পাৰ কৰোঁ সময়ৰ
ঠিকনাত ৷
চাই চাই নাভাগৰো তোমাক 
জীৱনত ৷
বিচাৰি পালো মোৰ সকলো তোমাতেই হেৰুৱা মৰমক ৷৷

পৃষ্ঠা ২৮
মহঙা

অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০

চাই চাই আৰু ৰ'ব পৰা নাছিল
ক'ব খুজিছিল
ক'ব খুজি কিন্তু ৰৈ গৈছিল।

কেনিনো হেৰাল কোৱাৰ স্বাধীনতা ?

তেজ শুহি শুহি
ওখতকৈও ওখ হৈ গৈ থকা
অট্টালিকাৰ ছাঁ‌ত হেৰাই যায়
নিঃকিনৰ কায়া।

কেনিনো লুকাল জীয়াৰ স্বাধীনতা ?

সুহৃদ বুলি আঁকোৱালি লৈছিল
নাছিল কোনো বাধা
হৃদয়ৰ চিনাকি বাটটোতো আজি
কাঁ‌ইটৰহে মেলা।

কেনিনো পলাল ধৰ্মনিৰপেক্ষতা ?

দিব খোজা খোজবোৰ 
ক্ৰমাৎ জঠৰ হৈ আহে
কিমান সহিব আৰু শিকলিৰ বোজা ?
এটি এটি উশাহো আজি
তেনেই মহঙা।

স্বাধীনতা এটা মাথোঁ হুমুনিয়াহ!

পৃষ্ঠা ২৯
সৰগৰ শৰতৰ মৰতত খেলা 

মনচুমী কলিতা নাথ 
যোৰহাট
 
সৰগৰ শৰতক
কোনে বাৰু আনিছে নমাই
 সেউজীয়া ধৰাৰ বুকুলে ! 
আকাশে নে পথাৰে!
আহিনে নে শেৱালিয়ে! 
কঁহুৱাই নে নিয়ৰে!
বাৰিষাৰ ক'লিয়া এন্ধাৰ ফালি 
শৰতৰ সুনিৰ্মল আকাশত  
শুকুলা মেঘৰ ধেমালি 
শৰতৰ দৰেই কোমল
 উদাৰ বিশাল আকাশ
চাই ৰওঁ শাৰদী নিশা 
 আকাশৰ শুভ্ৰতা,
বিপুল বৈভৱৰ বিশালতা ,
নিমিষতে দূৰ হয় মনৰ সংকীৰ্ণতা ।
আকাশে নমাই আনে শৰতক
সেউজীয়া পথাৰৰ বুকুলে ।
 গৰ্ভৱতী পথাৰখনৰ
 সুকোমল বক্ষ ঢাকি 
পাৰি দিয়ে কহুৱাৰ শুভ্ৰ চাদৰ ,
কুঁৱলিৰ জিলমিল মখমলী আচ্ছাদন
 যেন প্ৰাকৃতিয়ে পিন্ধি লয় 
 লাজৰ অৱগুণ্ঠন ।
প্ৰভাতৰ ৰ'দালীত যেন 
মুখ লুকুৱাবৰ বৃথা চেষ্টা লাজুকী প্ৰকৃতিৰ।
সূৰুযৰ কোমল পৰশত 
উন্মোচিত হয় লজ্জানত প্ৰকৃতি।
পুৱতি নিশা ঘুৰি অহাৰ প্ৰতিশ্ৰুতিৰে 
বিদায় মাগে অভিসাৰী নিয়ৰে,
প্ৰকৃতিৰ স'তে এনেকৈয়ে খেলা কৰে 
প্ৰাণচঞ্চল মায়াময় শৰতে ।

পৃষ্ঠা ৩০
নোজোখা উশাহ  সত্তৰটা

শিবানী হাজৰিকা
দেৰগাঁও

আজি যদি তেওঁ আহে, মই সাৰে নাথাকো ৷
দুৱাৰ মুখৰ দূৱৰি গচকি
খাই শিলত উজুটি
মই নাযাওঁ ওলাই তেওঁক চাবলৈ ৷

হাউলি যোৱা বাঁহ জোপাৰ পাত এটাত ধৰি
নাচাওঁ ধাননিৰ সিপাৰৰ তাৰ নীলা চাংঘৰটো 
হাতেৰে বনাই নিনিও জলপানৰ বাতিটো  কালিলৈ ৷
নুশুনো চিফুং…
নুসুধো দুই খোজৰ মূৰে মূৰে আৰু কেইপৰ বাট ?
কাষেৰে পাৰ হৈ যাওঁতে নোজোখো তাৰ বুৰুৰ শব্দৰ টান ৷

পানীত ঢৌ কেইটা, বতাহত কিহৰ সুৰ ?
মাছৰ কি মায়া, হাতখন কঁপিছে মোৰ ৷
নোজোখা উশাহ সত্তৰটা 
নোকোৱা কথা সাত 
নাচাওঁতেই বাৰ বছৰ ছয় মাহ
তথাপিও কৈছো,
নুশুনো, নাযাওঁ ,নিদিওঁ নোজোখো
তোলপাৰ নিৰাশাৰ অন্ধকাৰ বাট ৷

পৃষ্ঠা ৩১
বামুণী কুঁৱৰী

ঝৰ্নালী শৰ্মা বৰকটকী
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং - ৯১০১৮৬০৩৫৯

দেশত আকাল
ৰজাৰ  পুখুৰীতো পানী নোলাই
ৰজাৰ পুখুৰীতো পানী শুকাই
প্ৰজাৰ মন বোৰও শুকান 
ৰজাৰ ভালেই দেশ ভাল
দেশ ভালেই প্ৰজা ভাল।

বামুণী কুঁৱৰী  ক'তনো গলি আই
 তোৰ ভৰিৰ পতাত 
পানী উজাই আহি
 বুকুত  পৰে জুৰ
আই কুঁৱৰী তোৰ যহতে যে জ্বলি উঠিব
ৰজাৰ পুখুৰীত পানীৰ গছা।

থাউকতেই  কুঁৱৰী লৰ মাৰে
ৰজাৰ পুখুৰীলৈ
কুঁৱৰীৰ ভৰিৰ পতাইদি
উজাই আহে পানী
নিমিষতে বুৰ যায় কুঁৱৰী।

ৰজাৰ পুখুৰীত জ্বলি উঠে 
পানীৰ গছা
পানীৰ ভৰত ভাগি পৰা মনবোৰ
হৈ উঠে সজীৱ।
ৰজাৰ গুণ-গান চৌদিশে
বিয়পি পৰে।
বামুণী কুঁৱৰীৰ   জল কোঁৱৰৰ
লগত হেৰাই যায়।
আজিও আঁত বিচাৰি 
মানুহে হাবাথুৰি খায়।
মাথোঁ জিলিকি আছে 
ৰজাৰ পুখুৰীৰ
পানীৰ ঢৌৱে ঢৌৱে বামুণী কুঁৱৰীৰ
কেছ বচা ৰিহা খন।

পৃষ্ঠা ৩২
সপোনবোৰ  ভাগি গ'ল

(ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাত আকস্মিক ভাবে মৃত্যুক সাবটি লোৱাসকলৰ স্মৃতিত ) 

দীপালী গোস্বামী
দেৰগাঁও
মোবাইল নং-৯১০১৬৫৪৬৭২

 কাৰ অভিশাপগ্ৰস্ত হ'ল ফেৰী "মা-কমলা", 
 নিমাতিঘাটত  দিনৰ ভাতি বেলা ;
 আঠ চেপ্তেম্বৰ দুই হাজাৰ একৈছ। 

 গতানুগতিকতাৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰত, 
 সেইদিনা দুৰ্ভগীয়াসকলক লৈ ;
  নাও মেলি দিছিল নদীৰ কোবাল সোঁতত। 

হায়! উপস্থিত হ'ল কাল, সেই মুহূৰ্ত
মিনিট পাৰ হৈছিল কি নাই ;
বিপৰীতমুখী জাহাজ এছ. বি. পাটকায়ে মাৰিলে খুন্দা। 

নিমিষতে লাগিল হুৱা-দুৱা যাত্ৰীৰ মাজত, 
বিলীন হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত ;
জ্ঞাত-অজ্ঞাত ব্যক্তি সহ অজস্ৰ সম্পতি। 

উপস্থিত ৰাইজৰ চকুত ভাহি উঠিল, 
মা-কমলা হ'ল টাইটানিক ;
বন্দী হ'ল দৃশ্যৰাজি কেমেৰাৰ বুকুত । 

উসঃ কোনে পাহৰিব পাৰে সেই মৰ্ম্মান্তিকতা , 
শিহৰণকাৰী দুৰ্ঘটনা ;
ক্ষন্তেকতে চূড়মাৰ সেইসকলৰ ৰঙীন কল্পনা। 

মাজুলীৰ নিৰিবিলি পৰিৱেশ ভালপোৱা , 
কলা-সংস্কৃতিত আপ্লুত ;
হেৰাল কংক্ৰীট মহানগৰীৰ "পৰিণীতা দাস"। 

হাজাৰ সপোন বুকত লৈ অধ্যাপিকাগৰাকী , 
আহিছিল শিক্ষাদানৰ মানসেৰে ;
"ৰঙাচাহী" মহাবিদ্যালয় যে আজি শোকস্তব্ধ। 

লক্ষীমপুৰ নাওবৈছাৰ ইন্দেশ্বৰ মহিয়ান হ'ল , 
আত্ম বলিদান পৰোপকাৰ গুণে ;
পত্নী সহ বহুতক কৰি উদ্ধাৰ । 

শ্ৰৱণ কুমাৰ নাই আজি বৃদ্ধ পিতৃ-মাতৃৰ , 
শিৰৰ সেন্দুৰ হেৰাল ;
নৱ বিবাহিতা পত্নী "ৰূপৰেখা বৰাৰ"। 

গড়মূৰ চিকিৎসালয়ৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱা , 
হায়! সন্ধানহীন আজিও ;
পিতৃ-মাতৃ, পুত্ৰ পৰিবাৰ শোকত ম্ৰিয়মান । 

সন্ধানহীন পুত্ৰৰ সন্ধানৰ উদ্দেশ্যে , 
ব্ৰহ্মপুত্ৰক কৰিলে পূজন ;
ধূপ দীপ নৈবিদ্যৰে পৰিয়াল কিম্বা আত্মীয়- স্বজন। 

সম্পূৰ্ণ ছদিনৰ মূৰত উদ্ধাৰ হ'ল চিকিৎসকৰ মৃতদেহ , 
অভীপ্সা নাৱৰীয়াৰ বলি ;
দুৰ্কপলীয়াসকলে পাবনে কেতিয়াবা সুবিচাৰ। 

ব্ৰক্ষপুত্ৰৰ বুকুত এতিয়াও সন্ধানহীন অনেকজন, 
জেংৰাইমুখৰ মদন পেগুৰ নিচিনাকৈ ;
সেইসকলৰ পৰিয়াল নহ'বনে ৰামায়ণৰ উবৰ্শীৰ দৰে। 

নিমাতীত এফালে কান্দোনৰ ৰোল আনফালে প্ৰতিবাদ , 
অনুতপ্ত হৈছেনে আজি ;
প্ৰশাসন, চৰকাৰ নাইবা বিভাগীয়সকল। 

নিমাতীৰ আৰ্তনাদ  আৰু কাহানিও নুশুনাব , 
কৰিছো মিনতি সকলোকে ;
সজাগ হওঁক, সৰ্তক হওঁক দায়গ্ৰস্তসকল। 

ৰোগ, শোক ,জৰা, মৃত্যু বিধিৰ বিধান
পবিত্ৰ আত্মাৰ হওক শান্তি
হে ম়ৃতকৰ আত্মীয়সকল তাকে ভাবি লওক সান্তনা । 

আপোনালোকক ক'বলৈ নাই যে আমাৰ ভাষা , 
মৃত্যু যে চিৰসত্য ;
আহক আমি আত্মাৰ চিৰশান্তিৰ কৰো প্ৰাৰ্থনা।

পৃষ্ঠা ৩৩
অনুভৱঃ
মাজুলীৰ চকুলো

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য   মহাবিদ্যালয়

বেলি লহিওৱা বাটত বৰলুইতখন বৈ আছে। নিৰবিচ্ছিন্ন ভাৱে বৈ আছে ইমূৰৰ পৰা সিমূৰলৈ, এনেতে লুইতৰ বুকুত মেলিছিল নাৱৰীয়াই নাওঁখন। নাওঁখন আগবাঢ়িছিল। মাত্ৰ পাঁচ মিনিটৰ পাছতেই স্তব্ধ হৈ পৰিল জীৱন। সময় এক দূঃসময়। অসহনীয় অকল্পনীয়। বৰলুইতৰ বুকুত মৃত্যুৰ কিৰিলী ,আপোন জনৰ আৰ্তনাদ ,সেই সময় অভিশপ্ত।কোনে কাক বচাব, কোনে কাক বিচাৰিব । সকলো সপোন নিমিষতেই থান -বান হৈ গ'ল, বহু আশা প্ৰত্যাশা। জীৱনৰ ৰং নাই , মৃত্যুৰ ঠাই নাই , চৰণেহে জানে মৰণৰ ঠাই । সঁচাই এই ঘটনাই সমগ্ৰ্ অসমবাসীৰ লগতে মাজুলীলৈ চকুলো আনিলে । মাজুলীয়ে আজি কান্দিছে। চকুলোৰে বাট দেখা নাই মাজুলীবাসীয়ে। জোনাক বোৰ এন্ধাৰ হ'ল। অমাৱস্যাই আগুৰি ধৰিলে মাজুলী আৰু হাঁহিবোৰ হেৰাই গ'ল লুইতৰ বুকুত চিৰদিনলৈ। পাৰিবনে পাহৰিব এই অভিশপ্ত জীয়া অতীতক মাজুলীয়ে ? আহিবনে হাঁহিবোৰ তেওঁলোকৰ পদুলিলৈ ?  আকৌ সৰিবনে জোনাকবোৰ বৰলুইতৰ বুকুত ? শুনিবনে তেওঁলোকৰ প্ৰতিটো নিশাৰ উচুপনি ? 
মাজুলীবাসীৰ সপোনবোৰ পূৰণ কৰক। মাজুলীবাসীৰ দূখবোৰ নাইকীয়া কৰক।। এই লেখনিৰ জৰিয়তে দুৰ্ঘটনাত প্ৰাণ হেৰোৱা প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আশা কৰিছো ৰজাঘৰীয়াই মাজুলীবাসীৰ আধৰুৱা সপোনবোৰ পূৰণ কৰি মাজুলীলৈ কঢ়িয়াই আনিব আশাৰ বতৰা।

পৃষ্ঠা ৩৪
পূজা আৰু মোৰ অনুভৱ

প্রীতিৰেখা  দাস 
 বাংগালোৰ
৮১০৫২৫২৩৫০

সমাগত দুৰ্গা পূজা । অথচ আগৰ দৰে আমি উৎফলিত হ'ব পৰা নাই । হঠাতে আহি পৰা মাজুলীৰ অবাঞ্চিত ধুমূহজাকৰ হৃদয় বিদাৰক ঘটনাটোয়ে অশান্ত কৰি তুলিছে আমাৰ সকলোৰে মন। যি সময়ত অামি অনুভৱ কৰিছিলো কেৱল পূজাৰ উৎসাহ, নতুন কাপোৰৰ হেঁপাহ, শেৱালি ফুলৰ কোমল সুবাস সেই সময়তে কৰ'নাৰ কৰাল গ্ৰাসত কত জনৰ জীৱন হৈ পৰিল স্থবিৰ ।আপোন জনক হেৰুওৱাৰ বেদনাত বুকুত জ্বলিছে জুই । এনে পৰিবেশত আমাৰ সকলোৰে মনবোৰো ভাৰক্ৰান্ত , অস্থিৰ, বেদনা গধুৰ তথাপি আমি আশা কৰো অচিৰেই সকলো ঠিক হৈ যাব । পূজাৰ এই মঙ্গলময় ক্ষণত সংহত শক্তিৰ প্ৰতিক দশোভূজাই সকলো নিৰ্মূল কৰি ঘূৰাই দিব আমাক আকৌ সুন্দৰ দিনবোৰ । 

এয়া পূজাৰ বতৰ ৷ কিয় জানো আজি আকৌ এবাৰ উভতি যাবৰ মন গৈছে শৈশৱৰ সেই মৌমিঠা দিনবোৰলৈ ৷ যি সময়ত পূজাৰ বতৰাৰে উলাহত নধৰা হৈছিল হিয়া ৷ বাৰে বাৰে মনলৈ আহিছে পূজাৰ কাপোৰ লাগিব বুলি
দেউতাৰ আগত ঠেহ ধৰি বহি থকা মুহূৰ্তখিনিলৈ ৷ মোৰ ঠেহ ভাঙি সন্ধিয়ালৈ যেতিয়া দেউতাই এটা ধুনিয়া কাপোৰৰ
টোপোলা মোৰ হাতত তুলি দিয়ে কি যে সুখি হৈ পৰো মই ৷ কাপোৰসাজ লগৰবোৰক দেখৱাবলৈ মনত ওখল-মাখল লাগে ৷ সঁচাকৈ ৰঙীন এযোৰ নতুন কাপোৰে কি যে এক অনাবিল আনন্দ আনি দিব পাৰে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মনত ৷ এইবাৰৰৰ পূজাতো লৈছো এযোৰ নতুন কাপোৰ ৷ কিন্তু সেই আনন্দ আৰু সুখৰ আবেশৰ কৰবাত যেন ৰিক্ততাবোধ হৈছে ৷ কিয় এনে হয় ? সফলতাৰ পিছত দৌৰি দৌৰি আমাৰ ব্যস্ত জীৱনৰ চাকনৈয়াত বাৰু সৰি পৰিছে নেকি আঙুলিৰ ফাঁকেৰ আমাৰ সুখৰ মুকুতাবোৰ ? ক’ত হেৰাল লৰালিৰ সেই অমল সময়…? য’ত মূৰ তুলি চাবলৈ শিকিছিলো আকাশ, ভালপাবলৈ লৈছিলো চৰাই, পখিলা, ৰিবৰিব বতাহত হালি থকা কঁহুৱাডৰা ৷
গছ ভৰি ফুলি থকা শেৱালিৰ শুভ্রতা ৷ সেইয়ে ভাবিছো এইবাৰো পূজা চাবলৈ যাম লগত লৈ তাহানিৰ সেই একে আকুলতা, উৎসাহ উদ্দিপনা ৷ নতুন কাপোৰেৰে হৈ মতলীয়া ৷ শৈশৱত দেবিৰ আগত পৰীক্ষাত পাছ কৰি দিবলৈ কৰা প্রাৰ্থনাৰ দৰে আকৌ এবাৰ প্রাৰ্থনা কৰিম তেওঁ যেন সকলোৰে অপাই অমঙ্গল আঁতৰ কৰি দিয়ে । সিঁচৰিত কৰি দিয়ে শান্তিৰ বতাহ। ঘূৰাই দিয়ে আমাৰ সকলোৰে মুখৰ হাঁহি। তাৰ পিছত মন ভৰাই পূজাৰ জিলাপি খাম ৷ এজাপ ৰঙা-নীলা বেলুন কিনিম আৰু এটা পুতুলা ৷
এইবাৰ পূজাত আকৌ এবাৰ ঘুৰি যাম  ফুটুকীয়া ফ্রক পিন্ধি মা দেউতাৰ হাতত ধৰি উলাহেৰে পূজা চাই ফুৰা দিনবোৰলৈ ৷
 
(মোৰ দৰে পূজাক লৈ নষ্টালজিয়াত ভুগা প্রতিজন বন্ধু-বান্ধবীৰ হাতত )

শাৰদীয় শুভ কামনাৰে ...

পৃষ্ঠা ৩৫
শিশু বিশেষঃ

যোগ পৰিচয়ঃ ৪

ৰোগ সন্দৰ্ভত

চিন্ময়ী দাস
কামৰূপ অসম

সংস্কৃত শব্দ ‘যুজ’ৰ পৰা উৎপত্তি হৈছে ‘যোগ’ শব্দটো | ইয়াৰ অৰ্থ হৈছে ‘সংলগ্ন কৰা’| যোগাই আমাৰ শৰীৰ, মন আৰু আত্মাক সংযম কৰি আমাৰ ভিতৰৰ সুপ্ত শক্তিসমুহ জাগ্ৰত কৰে | নিতৌ যোগাসন কৰি গ’লে আমাৰ মন, শৰীৰ আৰু আত্মাৰ মাজৰ সম্পৰ্ক মজবুত হয় আৰু আমাৰ জীৱনটো সহজ হৈ পৰে | 

জীৱনটো ভালদৰে উপভোগ কৰাৰ সৰ্বোত্তম উপায় আছে, তেন্তে সেয়া যোগাসন | ৫,০০০ বছৰ পুৰণি এই যোগ ধাৰণাক সম্প্ৰতি সমগ্ৰ বিশ্বই আঁকোৱালি লৈছে | এই যোগ সংস্কৃতিৰ বাবেই ভাৰতক বিশ্বগুৰু হিচাপে জ্ঞান কৰা হয় | মহৰ্ষি পতঞ্জলিয়ে ভাৰতৰ এই যোগ সংস্কৃতিক লিখিত ৰূপ প্ৰদান কৰি যোগ সুত্ৰৰ ৰচনা কৰিছিল, যি বৰ্তমান আমাৰ মনুষ্য জাতিৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে | এতিয়া এই যোগ সংস্কৃতি ভাৰততকৈ বিদেশত অধিক বিস্তৃত হৈ পৰিছে |

যোগাসনৰ এনে মহত্বৰ বাবেই ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুনৰ দিনটো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে | ২০১৪ চনৰ ২৭ ছেপ্তেম্বৰৰ দিনা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানমৰ্মেই ২১ জুনৰ দিনটো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰা হয় | যোগাসনৰ আটাইতকৈ ডাঙৰ উপকাৰিতা হৈছে ইয়াৰ ফলত কোনো লোকচান নহয় | যোগাসনৰ উপকাৰিতা সমূহক বিজ্ঞানী আৰু চিকিৎসকেও স্বীকাৰ কৰি আহিছে | আটাইতকৈ ডাঙৰ কথাটো হ’ল ই এক প্ৰাকৃতিক পদ্ধতি, যিয়ে আমাক প্ৰকৃতিৰ সৈতে সংযোগ কৰে |

ভাৰতীয় সংস্কৃতিৰ এই প্ৰাচীনতম পৰিচয় যোগৰ বিষয়ে পৌৰাণিক গ্ৰন্থ ঋগ্বেদৰ বহু স্থানত যোগৰ বিভিন্ন ক্ৰিয়াৰ বিষয়ে উল্লেখ আছে| যোগাৰ শক্তিৰ বিষয়ে ইয়াৰ পৰাই অনুমান কৰিব পাৰি। যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২০১৫ চনৰ ২১ জুনৰ দিনা সংযুক্ত ৰাষ্ট্ৰত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ প্ৰস্তাৱ ৰাখে, তেতিয়া বিশ্বৰ ১৭৭ খন দেশে সমৰ্থন জনায় | সকলো মানুহেই সদায় সুখত জীৱন অতিবাহিত কৰিব বিচাৰে | 

আধুনিক যুগত যোগাসনৰ মহত্ব যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে | ইয়াৰ মূল কাৰণ হৈছে মানুহৰ দৈনন্দিক ব্যস্ততা | কামৰ বোজা, প্ৰদূষণ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ যোগাসনৰ প্ৰয়োজনীয়তা আহি পৰিছে | আধুনিক সময়চোৱাত মানুহৰ চিত্ত বা মন নিৰ্দ্দিষ্ট লক্ষ্যৰ পৰা বিচলিত হ'বলৈ ধৰিছে, ফলত অধিকাংশই অতি বহিৰ্মুখী জীৱন নিৰ্বাহ কৰা পৰিলক্ষিত হৈছে| ইয়াৰ পৰিণাম স্বৰূপে মানুহৰ মাজৰ সম্পৰ্ক দীৰ্ঘস্থায়ী নোহোৱা হৈছে| সেয়ে যোগাক ভৱিষ্যতৰ ধৰ্ম আৰু বিজ্ঞান হিচাপে বিবেচনা কৰা হয়|

আগলৈ...

পৃষ্ঠা ৩৬
ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ২২

আন্দামান 
Cellular Jail

শমীষ্ঠা বৰ্মন, নতুন দিল্লী

 'ভাণ্ডালুৰ'ৰ  Zoological Park ৰ পৰা উভতি আহি আমি থকা 'হোটেল'খনৰ কাষৰ 'ৰেষ্টুৰেণ্ট' এখনত আটায়ে একেলগে বহি দক্ষিণ ভাৰতীয় আহাৰ গ্রহণ কৰি লৈছিলোঁ ৷ এইখিনিতে আমাৰ যাত্রাৰ একপক্ষীয় সামৰণি হ'ব ৷ অর্থাৎ মাহীহঁত পিছদিনা পুৱা আমাৰ পৰা বিদায় লৈ কলিকতালৈ গুচি যাব ; মা-দেউতা আৰু আমি মাজৰাতিৰ বিমানেৰে আন্দামানলৈ উৰা মাৰিম ৷  
            খোৱা-বোৱা কৰি আমি নিশা দহমান বজাত 'হোটেল'ৰ পৰা বস্তু-বাহানি লৈ মাহী-মহাহঁতৰ পৰা বিদায় লৈ চেন্নাই বিমান বন্দৰলৈ ঢাপলি মেলিছিলোঁ ৷ বিমানেৰে আমি নিশা  ভাৰত মহাসাগৰৰ ওপৰেৰে পাৰ হৈ পুৱা 'পোর্ট ব্লেয়াৰ'ৰ 'বীৰ সাৱাৰকাৰ' বিমান বন্দৰত নামিছিলোঁগৈ ৷ পূর্বৰে পৰা 'বুক' কৰি থোৱা 'হোটেল'ৰ মালিকজন নিজেই আমাক বিমান বন্দৰৰ পৰা নিবলৈ আহিছিল ৷ আন্দামানৰ ভূমিত ভৰি দিয়াৰ লগে লগে মনটো বৰ ভাল লাগি গৈছিল ৷ জানুৱাৰী মাহ আছিল যদিও লেশমাত্রও ঠাণ্ডা নাছিল ৷ কাঁচিয়লি ৰ'দ ওলাইছিল ৷ পুৱাই সুন্দৰ মনোৰম বতৰৰ আভাস পাইছিলোঁ ৷  'হোটেল'খনলৈ যাওঁতে অসমৰ সৰু-সুৰা পাহাৰীয়া অঞ্চলৰ ছবিহে দেখা যেন পাইছিলোঁ ৷ 
          সাগৰৰ কাষত থকা সুন্দৰ 'হোটেল'খনত আমাৰ বাবে দুটা কোঠালি 'বুক' কৰি থোৱা আছিল ; এটা মা  আৰু দেউতাৰ বাবে আৰু আনটো আমাৰ বাবে ৷  আমি নিজৰ নিজৰ কোঠালিত সোমোৱাৰ পাছত গা-পা ধুই তিতা কাপোৰ মেলি দিবলৈ 'হোটেল'খনৰ ছাটলৈ উঠি গৈছিলোঁ ৷ তাত কাপোৰ শুকুৱাই দিবলৈ সুন্দৰ ব্যৱস্থা কৰি থোৱা আছিল ৷ টিঙেৰে আচ্ছাদিত ছাটখনৰ কাষে কাষে ধুনীয়াকৈ ৰ'দ পৰিছিল ৷ তিতা কাপোৰ সোনকালে শুকাই গৈছিল ৷ দক্ষিণ ভাৰত ভ্রমণ কৰোঁতে কাপোৰবোৰ যথেষ্ট লেতেৰা হৈ গৈছিল ৷ সেইবাবে মা আৰু মই কিছু কাপোৰ ধুই দিছিলোঁ ৷ কাপোৰ মেলি থাকোঁতে এফালে সাগৰৰ পানী দেখিবলৈ পাই বৰ আনন্দ লাভ কৰিছিলোঁ ৷ কাপোৰ মেলাৰ পাছতো আধা ঘণ্টাতকৈয়ো বেছি সময় সাগৰৰ পানী চাই চাই সময় অতিবাহিত কৰিছিলোঁ ৷ তাৰ পাছত 'হোটেল'ৰ 'ডাইনিং ৰুম'লৈ গৈ চাহ-জলপান খাই আহি দুঘণ্টামান শুই লৈছিলোঁ ৷ শুই উঠিয়ে আৰু অকণো সময় নষ্ট নকৰাকৈ আমি বিখ্যাত 'চেলুলাৰ জেল' ( Cellular Jail ) চাবলৈ ওলাই গৈছিলোঁ ৷  'হোটেল'ৰ ফালৰ পৰাই  আমাক ফুৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰি দিয়া হৈছিল ৷ 
           'কালাপানী' অথবা 'চেলুলাৰ জেল'ৰ বিষয়ে সৰুৰে পৰাই ইমানকৈ শুনি আহিছিলোঁ যে অজানিতে Cellular Jail ক এখন তীর্থস্থান বুলিহে মনত স্থাপন কৰি লৈছিলোঁ ৷ বহুত আগতেই ইয়াৰ দর্শন কৰিবৰ মন আছিল যদিও ল'ৰা-ছোৱালীকেইটা অলপ ডাঙৰ হোৱালৈ ৰৈ আছিলোঁ ৷ সিহঁতেও যেন মোৰ মনত স্থাপন কৰা এইখন তীর্থস্থানক দর্শন কৰি তাৰ মহত্ব কিছু হ'লেও অনুভৱ কৰে ৷
           ১৮৯৬ চনত নির্মাণ কার্য্য আৰম্ভ কৰি ১৯০৬ চনত সম্পূর্ণ কৰি উলিওৱা Cellular Jail Prison Complex বর্তমান আমাৰ দেশ ভাৰতবর্ষৰ National Memorial Monument অর্থাৎ ৰাষ্ট্রীয় স্মাৰক ৷ ব্রিটিছৰ শাসনকালত ভাৰতৰ ৰাজনৈতিক কয়দীসকলক কঠোৰ শাস্তি বিহিবলৈ ভাৰতৰ মূল ভূমিৰপৰা বহু দূৰ , সাগৰ পাৰ কৰি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত থকা এই কাৰাগাৰত পঠিয়াই নির্বাসন দিয়া হৈছিল ৷ কয়দীসকলক কেৱল নির্বাসন দিয়ে এৰি দিয়া নাছিল , সেই কাৰাগাৰত তেওঁলোকক প্রতিদিনে কঠোৰৰ পৰা কঠোৰতম আৰু মৃত্যুতুল্য শাস্তি বিহা হৈছিল ৷ শ্বেৰ আলি আফ্রিদি , বটুকেশ্বৰ দত্ত , বীৰ সাৱাৰকাৰ আদিৰ দৰে তেজস্বী স্বাধীনতা সংগ্রামী সকলে সেই কাৰাগাৰত বহুকাল কটাইছিল ৷ বহু স্বাধীনতা সংগ্রামীক তাৰ সুকীয়া ফাঁচীঘৰৰ ফাঁচীকাঠত ওলোমাই মৃত্যুদণ্ড দিয়া হৈছিল ৷ সেই কথাবোৰ ভাবিলে শৰীৰ আজিও ৰোমাঞ্চিত হৈ উঠে ৷
          'হোটেল'ৰ পৰা আমাক লৈ যোৱা গাড়ীখনৰ পৰা Cellular Jailৰ সমুখত নামি টিকট লৈ লাহে লাহে প্রকাণ্ড জপনাখনেৰে ভিতৰলৈ সোমাই গৈছিলোঁ ৷ সোমোৱাৰ লগে লগে এজোপা ডাঙৰ আঁহত গছ দেখিবলৈ পাইছিলোঁ ৷ আমি আগবাঢ়ি যোৱাৰ লগে লগে কেইজনমান 'গাইড'ক লগ পাই তাৰে এজনক আমি ঠিক কৰি লৈছিলোঁ ৷ কাৰণ আমি নজনা বহু কথাই 'গাইড'ৰ পৰা জানিব পাৰিম বুলি ভাবিছিলোঁ ৷ 'গাইড'জনে আমাৰ সতে আৰু কেইজনমান ভ্রমণকাৰীক সন্নিৱিষ্ট কৰি 'গ্রুপ'টো ডাঙৰ কৰি লৈছিল ৷ তাৰ পাছত Cellular Jailৰ এফালৰ পৰা তন্ন তন্ন কৰি সকলো কথাৰ বিস্তাৰভাৱে বর্ণনা কৰি গৈছিল ৷ স্বাধীনতা সংগ্রামীসকলৰ ত্যাগ আৰু দুখৰ কথাবোৰৰ লগতে কাৰাগাৰ অধীক্ষক ডেভিদ বেৰীয়ে কৰা নির্মম অত্যাচাৰৰ বর্ণনা শুনি আমাৰ গা'ৰ নোম শিঁয়ৰি উঠিছিল ৷ লগতে ব্রিটিছ সহানুভূতিশীল চিকিৎসক লেন হুটন ( Len Hutton )ৰ সহৃদয়তাৰ বিষয়েও আমাক অৱগত কৰাইছিল ৷ 
          Cellular Jail ৰ তিনিমহলীয়াকৈ সাতটা ভাগ এনেদৰে সজোৱা আছিল যে ঠিক সোঁমাজৰ পৰা কয়দীসকলৰ ওপৰত নজৰ দিব পৰা গৈছিল ৷ তাৰ কিছু অংশ ভাঙি দিয়া হৈছিল , এটা অংশত ১৯৬৩ চনত চৰকাৰী হস্পিটেল সজোৱা হৈছিল  আৰু এটা অংশ ৰাষ্ট্রীয় স্মাৰক হিচাপে ৰখা হৈছিল ৷ সাতোটা তিনিমহলীয়া কাৰাগাৰত মুঠ ৬৯৫টা 'চেল' ( Cells ) আছিল ৷ Cells বোৰৰ আকাৰ দীঘলে ৪.৫ মিটাৰ আৰু বহলে ২.৭ মিটাৰ ; ৩ মিটাৰ উচ্চতাত এখন সৰু খিৰিকি আছিল ৷ খিৰিকিবোৰ গৱেষণা কৰি এনে দিশত সজোৱা হৈছিল যাতে এটা 'চেল'ত থকা কয়দীয়ে আন কোনো 'চেল'ৰ কয়দীক কোনোমতে দেখা নাপায় ৷ Cellৰ দুৱাৰত বাহিৰৰ পৰা তলা লগোৱাৰ ব্যৱস্থা  এনেধৰণে নির্মাণ কৰা  হৈছিল যে সেইবোৰ কোনোপধ্যে সহজতে খুলিব পৰাৰ সম্ভাৱনা নাছিল ৷ দুটা Cell ৰ মাজৰ খালী অংশত তলা লগাবৰ ব্যৱস্থা কৰা হৈছিল ৷ Cell বোৰৰ আকৃতি দেখিয়েই তাত থকা  স্বাধীনতা সংগ্রামীসকলৰ কষ্টকৰ দশা সহজতেই অনুমান কৰিব পৰা গৈছিল ৷ 'গাইড'জনে আমাক বিশিষ্ট স্বাধীনতা সংগ্রামীসকলৰ Cell বোৰলৈ লৈ গৈছিল ৷  বিনায়ক দামোদৰ সাৱাৰকাৰ অর্থাৎ বীৰ সাৱাৰকাৰ থকা Cell লৈ সোমাই যোৱাৰ লগে লগে দেহত এক অবুজ শিহৰণ অনুভৱ কৰিবলৈ ধৰিছিলোঁ  ৷ সেই Cell ত বীৰ সাৱাৰকাৰৰ ছবি এখন আঁৰি থোৱা আছিল ৷ ছবিখন দেখাৰ লগে লগে মোৰ চকুলো বাগৰি পৰিছিল ৷ তাৰ পৰা ওলাই আহি আমি সেই নির্দ্দিষ্ট কাৰাগাৰটোৰ ছাটলৈ উঠি গৈছিলোঁ ৷ তাৰ পৰা সাগৰৰ পানী , সাগৰৰ তীৰত তথা সুন্দৰ গছ-গছনি তথা দূৰৰ দুটামান দ্বীপৰ সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ পাইছিলোঁ ৷ তাৰপৰা ১৯৬৩ চনত নির্মাণ কৰা চৰকাৰী চিকিৎসালয়খনো দেখিবলৈ পাইছিলোঁ ৷
         ছাটৰ পৰা নামি আহি সেই কাৰাগাৰটোৰ পৰা ওলাই অহাৰ পথত Cellular Jail ৰ নিবাসী তথা নির্বাসিত ৰাজনৈতিক কয়দীসকলৰ নামৰ কেবাখনো তালিকা দেখিবলৈ পাইছিলোঁ ৷ তাত থকা  তালিকাবোৰ চলাথ কৰি অসমৰ সৰু তালিকা এখন বিচাৰি পাইছিলোঁ ৷ সেই তালিকাত অসমৰ চাৰিজন স্বাধীনতা সংগ্রামীৰ নাম দেখিবলৈ পাইছিলোঁ ৷ সেই নামবোৰ যথাক্রমে , 
১) শ্রী দুতিৰাম বৰুৱা
২) শ্রী বাহাদুৰ গাওঁবুঢ়া
৩) শ্রী শ্বেখ ফৰমুদ আলি
৪) শ্রী মধু মল্লিক
তেওঁলোকৰ নামবোৰ পঢ়ি থাকোঁতে মনত এক ৰোমাঞ্চৰ সৃষ্টি হৈছিল ৷ নিজৰ দেশৰ প্রতি থকা তেওঁলোকৰ শ্রদ্ধা আৰু ভালপোৱাৰ বাবে তেওঁলোকৰ প্রতি শ্রদ্ধাৰে মূৰ দোঁ খাই গৈছিল ৷ 
           কাৰাগাৰৰ Cell বোৰ চাই তাৰ পৰা ওলাই আহি চাৰিওফালৰ সুন্দৰ দৃশ্য উপভোগ কৰিছিলোঁ যদিও মনৰ চকুত সেই ঠাইত হাতে-ভৰিয়ে শিকলিবদ্ধ ৰাজনৈতিক কয়দীসকলক শাস্তি দিয়াৰ ছবি ভাহি উঠিছিল ৷ 'গাইড'জনৰ সুন্দৰ বর্ণনাই চকুৰ আগত ব্রিটিছৰ সেই সময়ৰ নিখুঁট ছবিখন দাঙি ধৰিছিল ৷ Cellular Jailৰ সুন্দৰ আৰু মজবুত ঘৰবোৰ তাত থকা ৰাজনৈতিক কয়দীসকলেই হেনো নির্মাণ কৰি উলিয়াইছিল ৷ তেওঁলোকক গছ কটা , সাঁকো সজোৱা , ৰাস্তা - ঘাট বনোৱা আদি বিভিন্ন কঠোৰ কাম কৰিবলৈ দিয়া হৈছিল ৷ বহুতে তাৰপৰা পলাবলৈ চেষ্টা কৰিছিল আৰু ধৰা পৰিলে তেওঁলোকক ফাঁচীকাঠত ওলোমাই দিয়া হৈছিল ৷ 'গাইড'জনে আমাক কাষত থকা ফাঁচীঘৰলৈ লৈ গৈছিল ৷ তাত একেলগে তিনিজনক ফাঁচী দিয়াৰ সুবিধা আছিল ৷ ফাঁচীঘৰটোত সোমোৱাৰ লগে লগে শৰীৰত এক উত্তাপ অনুভৱ কৰিবলৈ ধৰিছিলোঁ ৷ গা'ৰ নোমবোৰ শিঁয়ৰি উঠিছিল ৷ ফাঁচী দিয়াৰ পাছত প্রাণহীন দেহাটো ওলমিবলৈ ফাঁচীঘৰটোৰ তলৰ মহলাৰ মুকলি ঠাইডোখৰ চাবলৈ যাওঁতে বুকুত ভয়ানক স্পন্দন অনুভৱ কৰিছিলোঁ ৷  মনৰ চকুৰে সেই নির্মম ছবিবোৰ দেখি থকা যেন লাগিছিল ৷ ফাঁচীঘৰৰ পৰা ওলাই আহি সেই সময়ৰ শাস্তিৰ দৃশ্য সজীৱ কৰি তুলিবলৈ প্রদর্শন কৰি থোৱা শিকলিৰ নমুনা , তেল পেৰাৰ দৃশ্য আদি চাবলৈ গৈছিলোঁ ৷ 'গাইড'জনে বৰ সুন্দৰভাৱে আমাৰ আগত শাস্তিৰ গাথাবোৰ গাই গৈছিল আৰু তাত কটোৱা আমাৰ প্রতিটো পল ৰোমাঞ্চকৰ হৈ উঠিছিল ৷ 
'গাইড'জনে আমাক কৈছিল যে সেই আঁহত গছজোপা হেনো সেই সকলো কথাৰ নীৰৱ সাক্ষী আছিল ৷
             গধূলি এটা নির্দ্দিষ্ট সময়ত Cellular Jail ৰ এলেকাৰ পৰা সকলো ভ্রমণকাৰীক বাহিৰলৈ ওলাই যাবলৈ অনুৰোধ কৰা হৈছিল ৷ কাৰণ সন্ধিয়া তাত এঘণ্টা জোৰা Light and Sound Showৰ আয়োজন কৰা হয় ৷ তাৰ বাবে 'অনলাইন'যোগে আগতীয়াকৈ টিকট ল'ব লাগিছিল ৷ 'হোটেল' কর্তৃপক্ষই আমাৰ বাবে সেইদিনাৰ টিকট লৈ থোৱা নাছিল বাবে আমাৰ খং উঠিছিল ৷ 'হোটেল'ৰ পৰিকল্পনামতে এই Show আমি বেলেগ এদিনাখন চোৱাৰ কথা আছিল ৷ কিন্তু আমি সেইদিনাই চাম বুলি অধৈর্য্য হৈ পৰিছিলোঁ ৷ টিকট নোলোৱাৰ বিষয় লৈ 'হোটেল'ৰ মালিকজনৰ লগত এওঁৰ কিছু তর্কাতর্কি হৈছিল ৷ 'হোটেল'ৰ মালিকজন নিজে আহি আমাক টিকটৰ ব্যৱস্থা কৰি দিবলৈ আহিছিল যদিও প্রচণ্ড ভীৰৰ বাবে প্রথমতে টিকট পোৱাটো অসম্ভৱ হৈ পৰিছিল ৷ তথাপিও পিছলৈ যুঁজি যুঁজি কোনোমতে দ্বিতীয় Show টোৰ বাবে  টিকটৰ ব্যৱস্থা কৰিব পৰা গৈছিল ৷ আচলতে ডিচেম্বৰ মাহত সাধাৰণতে বতৰ ভাল থকা বাবে আন্দামানত ভ্রমণকাৰীসকলৰ বৰ ভীৰ হয় ৷ সেই সময়ত Cellular Jail ত মানুহৰ প্রচণ্ড ভীৰৰ বাবে তিনিটাকৈ Show দেখুওৱা হৈছিল , কেতিয়াবা হেনো চাৰিটা Show দেখুৱাবলগীয়া হৈছিল ৷
           সন্ধিয়া সময় পাৰ হৈ এন্ধাৰ হোৱাৰ পাছত প্রদর্শন কৰা Light and Sound Show ই দিনত 'গাইড'জনৰ পৰা শুনা সকলো কথাই পুনৰ সজীৱ কৰি তুলিছিল ৷ বৰং সকলো দর্শকক তাতোকৈ বেছিহে ৰোমাঞ্চিত কৰি তুলিছিল ৷ Light and Sound Show ৰ অন্যতম আকর্ষণ আছিল হিন্দী চলচিত্র অভিনেতা ওম পুৰীৰ বলিষ্ঠ আৰু দৰদী কণ্ঠ ৷ এই 'পোহৰ আৰু শব্দ'ৰ প্রদর্শনীত আঁহতজোপায়ো যেন প্রাণ পাই উঠিছিল ৷
           Light and Sound Show চাই ওলাই আহোঁতে ৰাতি হৈ গৈছিল ৷ 'হোটেল'ৰ  'ড্রাইভাৰ'জন আমাৰ বাবে বাহিৰত ৰৈ আছিল ৷ Cellular Jail ৰ ৰোমাঞ্চকৰ অনুভৱ মনত সামৰি আমি 'হোটেল'লৈ উভতি আহিছিলোঁ ৷

পৃষ্ঠা ৩৭
নীলাখামৰ চিঠিঃ

নীলাঞ্জনা

      মৰমৰ এটি টোপোলা তোমাৰ বাবে, প্ৰেমৰ ঘাটত  নাও চপোৱাৰ হেঁপাহত কাগজৰ ভাঁজত শব্দৰে এচুমা। নীলাঞ্জনা, তোমাৰ নীলনয়নত  মুগ্ধ মই এটি চাতক পখী উৰিছোঁ, উৰিছোঁ উৰি আছোঁ। প্ৰেমৰ সাগৰ ক'ত ? পিয়াহৰ এচলু পানী...! তুমি বৈ আছা, বৈ আছা । কোন কুমাৰক ধিৰাই তোমাৰ এই মৌন যাত্ৰা ? মই কল্পনাৰ কাৰেং সাজি অনুভৱৰ চিয়াঁহীয়ে লেখোঁ প্ৰেম গাথা। শব্দপুঞ্জত তুমি জী উঠা নীলাঞ্জনা।
        ভাষা কি প্ৰেমৰ ? মৌন দুচকুৰ তিৰবিৰ তৰা নে ওঁঠেৰে বৈ পৰা বসন্তৰ বৰষা। মই হেবাং প্ৰেমিক নীলাঞ্জনা। ভাষাৰে বুজাব নাজানো হৃদয়ৰ গোপন কথা। শুনিছোঁ প্ৰেমৰ বাহ্যিক প্ৰকাশৰ বাবে শব্দ প্ৰয়োজনহীন। প্ৰেমৰ নিজৰা হেনো হৃদয়ৰ পাৰ ভাঙি বৈ আহে দুচকুৰে। তেন্তে এই চিঠিৰ কি প্ৰয়োজন ? মোৰ হৃদয় মণিকূটৰ দুৱাৰ খুলিবলৈ ? তথাপি লিখিছোঁ জীৱনৰ প্ৰথমখন চিঠি তোমাৰ বাবে, কেৱল তোমাৰ বাবে। অবুজন হিয়াৰ অশান্ত পচোৱা জাকক শান্ত কৰোঁ বুলি এইয়া ৰাতিৰ দুপৰত একলম তোমাৰ নামত। তুমি বাৰু খুলি চাবানে ? শব্দৰ মাজত বন্দী মোৰ হৃদয়খন এবাৰ কুৰুকি চাবানে?
        প্ৰেম হেনো অন্ধ ! জাত-পাত, উচ্চ-নীচ, ধনী-দুখীয়া একো নেদেখে হেনো প্ৰেমে। সেয়ে চাগৈ কামিজ ফালি প্ৰেম কৰিবলৈ মৰ সাহ কৰি লিখিছোঁ প্ৰেম পত্ৰ। তোমাৰ পদুমী চকুৰ নীল সাগৰত সাঁতোৰাৰ অৰ্দম্য হেঁপাহত মই হৈ পৰিছোঁ দুৰ্দান্ত প্ৰেমিক। এতিয়া প্ৰতিনিয়ত তোমাৰেই ছবি মোৰ মানসপতত। কিমান ভালপালে এজন প্ৰেমিক হেৰাই যাব পাৰে বাস্তৱৰ পৰা ? কিমান ভালপালে এজন প্ৰেমিকে খেলিব পাৰে সময়ৰ সৈতে ? মই একো নেজানো মই মাথোঁ জানো মোৰ হৃদয়খন এতিয়া মোৰ হৈ থকা নাই। হেৰাই গৈছে কেতিয়াবাই অচিন চিনাকী এটা মায়াময় বাটত। মোৰ প্ৰেম পিয়াসী পিপাসাৰ্ত হৃদয়ৰ অলিন্দটো তুলি দিলো তোমাৰ হাতত, গঢ়া নে ভাঙা সেইয়া তুমি জানা।
     চিঠিৰ উত্তৰ দিবা, তোমাৰ প্ৰথম দৰ্শনতে নিজক হেৰুওৱা অঘৰী প্ৰেমিক অপেক্ষাৰত তোমাৰ উত্তৰৰ বাবে।

ইতি
কবি

বিষাদ ৰঞ্জন বৰবৰা
যোৰহাট।

পৃষ্ঠা ৩৮
ৰেচিপিঃ 

চাটনী

সংগীতা বৰঠাকুৰ
দূৰভাষ-৮১৩৩৯৫৬৭৯৪

উপকৰণ ঃ
১) ৩/৪ ৰঙালাও পাত,
২) ২/৩ ফুটা নহৰু,আদা , 
৩) কেঁচা জলকীয়া ২টা ,
৪) জোখত নিমখ আৰু এটুকুৰা নেমুটেঙা।

প্ৰণালী- এখন কেৰাহীত প্ৰথমে ৰঙালাও পাত, নহৰু, আদা, জলকীয়া অলপ সময় গৰম কৰি লেৰেলাই ল'ব লাগে । ঠাণ্ডা হ'লে সকলোখিনি মিক্সিত দি জোখমতে নিমখ আৰু টেঙাৰস দি পেষ্ট বনাব। এই চাটনি ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব।

পৃষ্ঠা ৩৯
গল্পঃ

টিপচাকি

ইভা দহোতীয়া,
তিনিচুকীয়া


নিৰীহ আবেলিটো জহি জহি ক্ৰমে এন্ধাৰত উবুৰি খাই পৰিবৰ উপক্ৰম হ'ল। ক'লা ফিকা চাহপানী বাতি কঁৰত্ কঁৰত্ কৰে পি বাণেশ্বৰ বাহিৰলে ওলাই আহিল। মাছৰ বাকলিৰ দৰে খলপা-খলপে এৰা শেলুৱৈ ধৰা চোতালখনৰ এমূৰত তেনেই আলৈ-আথানি হৈ পৰি থকা চাহপাত তোলা বেগটো বুটলি বিলত ঘাঁহ কাটিবলে যাবলে তাৰ দগা লাগিল। পিছে যাবতো লাগিবই ! যোৱা সপ্তাহতে কাম কৰি দিম বুলি মাষ্টৰৰ পৰা পইচা আনি থোৱা আছে।

গাঁওখনৰ এমূৰত ভগা নামঘৰটোৰ পিছফালৰ ঢৌ ঢৌ কৰে মুকলিত তাৰ খুপৰিটো। খুপৰিটোৰ মূধৰ পিৰালিটোত বহি আবেলিৰ শেষকণ পোহৰত জুপি জুপি কিতাপ-বহি-পেঞ্চিলৰ লগত যুঁজি থকা মাতুৰ মুখত এগৰাহ ভাত তুলি দিবলৈকে বিলত লেউ লেউ জোকৰ কামোৰ খাবলে সি ওলাইছে।মাকজনী সৌৱা। নামঘৰৰ সিপাৰে চেঁচুকীয়া বাঁহতলত আৰামেৰে শুই আছে। আঠবছৰীয়া মাতুৰ কাৰণে এধানমান ভায়েক এটা আনি দি তাই কাষৰ পৰা বাণেশ্বৰক কোনোবা এন্ধাৰ গহ্বৰলে গঁতা মাৰি দিছিল। মাতুৰ মুখলৈয়ো চোৱা নাছিল তাই।এমাহমানৰ পিছত সেই কেঁচুৱাকণেও সিহঁত দুটাক ফাঁকি দি পলাইছিল। সিহঁত দুটাৰ চতুৰালিত মাতু আৰু সি বাঘ মকৰাৰ জালত পৰা ঘৰচিৰিকাৰ দৰে চটফটাইছিল।

কিছুমান অনুভূতি বাণেশ্বৰৰ মৰি আহিছিল ক্ৰমে। যিকেইটা বাকী ৰৈছিল সেইকেইটাও সি মাতুৰ মাকৰ লগতে চুঁচি-মাজি বাঁহতলত শুৱাই থ'লে। এতিয়া সেই চেঁচুকীয়া বাঁহতল, এৰা-পৰলীয়া নামঘৰটো আৰু খেৰ-বাঁহৰ ঘোপমৰা খুপৰিটোত মাতু।

সি এগাঁও মানুহৰ পৰা আলেঙে আলেঙে থাকে।মাতুক ঢাপৰ পৰা বুটলি অনা ঢেঁকীয়াকেইডালৰ লগত কেইটামান দাইল উতলাই খুৱালোঁ বুলিলে বিশ্বাস নকৰা মানুহখিনিৰ পৰা আঁতৰি থাকিব বিচাৰে। দাইল সিহঁতৰ বাবে অভোজ্য ! মানুহৰ ভাৰ ব'ব নোৱাৰা সীমাহীন ঘৃণা আৰু অৱহেলাৰ পৰা নিলগত সি অলপ নিৰলে থাকিব বিচাৰে। ঠিক যিমানখিনি আঁতৰি থাকিলে পেটৰ ভিতৰত সোমাই থকা ভোক নামৰ অসুৰটোৱে দপদপাব নোৱাৰে ঠিক সিমানখিনি।

আবেলি স্কুলৰ পৰা আহি মাতু সদায় মূধৰ পিৰালিটোতে কিতাপ-বহী-পেঞ্চিল লৈ পীৰা এখনত বহে। গধূলি নমাৰ লগে লগে এইটো খুপৰি চৰাইৰ বাহৰ দৰে এন্ধাৰত ডুব যায়। কেতিয়াবা কেৰাচিন তেল এফোটা যোগাৰ হয়। কিন্তু এইটো খুপৰিত ইমানবোৰ এন্ধাৰ পোত খাই আছে যে এইফোটা তেল এন্ধাৰে শুকান বালিয়ে পানী শুহাদি শুহি শেষ কৰে।

এসময়ত চাগৈ মাতুৰো পিৰালিত বহি বহি এইবোৰ এন্ধাৰৰ লগত যুঁজাৰ উৎসাহ নোহোৱা হৈ আহিল। পৃথিৱীৰ সমস্ত লাজ-ভয়-শংকা মিহলি ভাৱনাবোৰে একেলগে হেঁচা মাৰি ধৰা বয়সত এদিন তাই বাঁহৰ চাংখনৰ তলত বহুবছৰ অনাদৃতভাৱে পৰি থকা বাকচটো খুঁচৰি এসাজ মেখেলা-চাদৰ পিন্ধিবলে বুলি উলিয়াই ল'লে। কিতাপ-বহীবোৰ জাপি-কুচি তাতে সুমুৱাই থ'লে। সৰু আয়নাখনত নিজকে খুঁটিয়াই চালে বাৰে বাৰে। এযোৰ তিৰবিৰ্ চকু, সুগঢ়ী নাক। এযোৰ মোহময় ওঁঠ। ক্ৰমে পুৰঠ হ'বলে আগবঢ়া এটা শৰীৰ। উৰু উৰু কৰা এটা উন্মনা মন।

কোনোবা এটা সুৰুঙাত পৱন আহি বাণেশ্বৰৰ খুপৰিত হাজিৰ হৈছিলহি। মাতুৰ হাতে এবাতি ফিকা চাহ খাইছিলহি।পৱন আহোঁতে লগত ঘৃণা নাইবা অনাদৰৰ গোপণ ধুমুহা এজাক লৈ অনা নাছিল। বাণেশ্বৰে এইজাক মলয়া বতাহলে নীৰৱে ৰ' লাগি চাইছিল মাথোঁ। তথাপি ভিতৰি ভিতৰি থকথক্ কঁপিছিল মানুহটো। শেষ পোহৰকণাটোও যদি নুমাই যায় ! সেই আশংকাত।

পৃষ্ঠাঃ ৪০
পাঁচ টকা

মিনাক্ষী গগৈ
যোৰহাট

"পাঁচটকাত আজিকালি কিনো পায় ?" ঘৰৰ বাৰাণ্ডাত বহি থকা মগনীয়াজনক দিবলৈ আগবঢ়াই দিয়া  পইচাটো লৈ জীয়েক আইতুয়ে মাকৰ মুখলৈ চাই ৰ'ল। মাকৰ কেৱল পাঁচ টকাটোৰ প্ৰতি থকা দুৰ্বলতাৰ কথা আইতুয়ে অনুভৱ কৰিব নোৱাৰে। কেৱল মাত্ৰ পাঁচ টকীয়া  পইচাৰে পৰিপূৰ্ণ হৈ থকা টেমাটো তাইৰ বাবে সদায় কৌতুহল হৈ ৰয়। মাকে কেৱল মাত্ৰ পাঁচ টকা পইচা পালেই নিজৰ কৰি সামৰি থয়। ঘৰৰ কাৰোবাৰ ওচৰত দেখিলেও কিবা কৰি নিজে লৈ লয়। ৰৈ থকা মগনীয়াজনক দিবলৈ আৰু তিনিটা পাঁচ টকা আগবঢ়াই দিলে। পাঁচ টকীয়া পইচাৰ টেমাটো হাতত লৈ মণিমালাই নিজৰ অতীতলৈ উৰা মাৰি গ'ল। মাথোঁ মনৰ মাজত ভাঁহি উঠিল বহু অকথিত কথা।

         ভেঞ্চাৰ স্কুলৰ ছাত্ৰী আছিল মণিমালা। তেতিয়াৰ দিনত বিলাসিতাৰ কথাই নাছিল। স্কুলৰ ইউনিফৰ্ম পিন্ধি মাথোঁ পঢ়া শুনা কৰা কথাহে সদায় গুৰুত্ব আছিল। ঘৰত উভৈনদীকৈ কিবা পোৱা বা লোৱা কল্পনাৰ অলীক যেন।ককাই-ভাই, বাই-ভনী সকলোৱে ইটোৰ বস্তু সিটোৱে লৈ সলনি কৰি মাত্ৰ পঢ়াত মন দিছিল। ভেঞ্চাৰ স্কুলৰ চাৰ, বাইদেউ সকলে ছাত্ৰ ছাত্ৰীৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰিছিল। তাৰ মাজতে নীতা, নব‍্যা, মণিমালা ইহঁতৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল আশা কৰিছিল যাতে ভাল ফলাফলে স্কুল খনলৈ চৰকাৰী কৰণৰ বাট মুকলি কৰে। তাৰ মাজতে স্কুলৰ শিক্ষক ছাত্ৰ ছাত্ৰী লগলাগি ব'হাগ বিহুত হুঁচৰি গাই স্কুলৰ উন্নয়নৰ কাম আগবঢ়াই নিছিল। দশম শ্ৰেণীত পঢ়ি থকা মণিমালা সেই বছৰৰ বাবে স্কুলৰ সম্পাদীকাৰ দায়িত্ব পালন কৰিছিল আৰু সভাপতি পদ অলংকৃত কৰিছিল বৰুৱা চাৰে মানে বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হিতেন বৰুৱা চাৰ। বিজ্ঞান বিষয়ৰ শিক্ষক আছিল। সহজ সৰল নিমাখিত বৰুৱা চাৰ । ভগা বেলবিহীন এখন চাইকেল লৈ জাঁজী নদীৰ মথাউৰিৰ মাজে মাজে স্কুললৈ আহিছিল।বাৰিষাৰ বৰষুণৰ পিচল বাটত কেতিয়াবা কেতিয়াবা বোকাত পিচলি পৰি তিতিবুৰি আহিলেও মুখত নিৰ্ভেজাল আপোনভোলা হাঁহি সদায় আছিল। আক্ষেপ বিহীন যেন এক জীৱন। মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ সদায় সুলভ হাঁহিৰে স্কুলত পাঠদান কৰি গৈছিল। অত্যন্ত মেধাৱী হিতেন বৰুৱা চাৰে স্কুল খনৰ চৰকাৰী কৰণৰ স্বাৰ্থত ব‍্যক্তিস্বাৰ্থ জলাঞ্জলি দি বিনা বেতনে সদায় অহা যোৱা কৰি থাকিল। স্কুল ছুটী পাছত বৰুৱা চাৰ সদায় মণিমালা ঘৰত সোমাই তামোল এখন ,চাহ একাপ খোৱাটো অভ‍্যাসত পৰিণত হৈছিল। বহু সময় নিৰবে বহি থকা পাচত মণিমালাক ওচৰলৈ মাতি আনি কয়,"পাঁচ টকা এটা দিয়াচোন" প্ৰায়েই বৰুৱা চাৰে সিহঁতৰ ঘৰৰ পৰা পইচা খুজি নিয়ে মাত্ৰ পাঁটকা। তাতকৈ অধিক কোনো দিন নিবিচাৰে।কেতিয়াবা হাঁহি হাঁহি কয়, আজি ঘৰলৈ কিবা এটা কিনি নিম" সেই পাঁচ টকা বৰুৱা চাৰৰ বাবে আছিল যেন পানীত ককবকাই দুবৰি বনক খামুচি ধৰিব খোজা অসহায় অৱস্থা। মাকৰ পৰা খুজি মণিমালাই বৰুৱা চাৰলৈ আগবঢ়াই দিয়া পইচাটো হাতত লৈ ঢেকঢেকাই হাঁহি দিয়া সেই মানসিক সন্তুষ্টি আজিও মণিমালাই বিচাৰি ফুৰে। ক'তা হাজাৰ টকা উপহাৰ, হাজাৰ টকা দান বৰঙনি দিও দেখুন আজি সেই আত্মাতুষ্টি লভিব পৰা নাই। পাঁচ টকা পইচা দেখিলেই সেয়ে মণিমালাৰ সদায় সেই সৰল মানুহ জনৰ অসহায় হাত খনলৈ মনত পৰে। ক'ব নোৱাৰাকৈ অন্তৰাত্মা কঁপি উঠে। সেয়েহে আজিও খুজিবলৈ অহা হাতখনত পাঁচ টকা পইচা এটা তুলি দি এক আত্মিক সুখানুভুতি লাভ কৰে। চৰকাৰী কৰণ নোহোৱাকৈ সেই আপোনভোলা নিমাখিত বৰুৱা চাৰ এদিন স্কুলৰ পৰা অৱসৰ ললে। বিনা বেতনে বৰুৱা চাৰ এদিন আক্ষেপ বিহীন ভাবে এই ধৰা এৰি অনন্তধামলৈ গুচি গ'ল।

          মা- মা -কৈ চিঞৰি জীয়েক আইতু পুনৰ মাকৰ ওচৰ পালেহি। জীয়েকৰ মাতত মণিমালাৰ সপোনৰ পৰা সাৰ পোৱা দৰে লাগিল।জীয়েক আইতুয়ে কলে,"মা, ককাজনে চাহ খাবলৈ বিছাৰিছে। ভোক লাগিছে" মণিমালাই লৰালৰিকৈ চাহ বনাবলৈ পাকঘৰলৈ গ'ল।মণিমালাই লুছি পুৰি সৈতে আগবঢ়াই দিয়া চাহৰ প্লেটখন লৈ মানুহ জনে বৰ সন্তুষ্ট হৈ আপোনভোলা, সৰল হাঁহিৰে তলমুৰ কৰি খাই থকা চাই চাই ত্ৰিশ বছৰ আগতে এৰি অহা স্কুলৰ সেই বৰুৱা চাৰ যেন অনুভৱ হ'ল। মণিমালাৰ অন্তৰত মাথোঁ অনুৰণিত হল,"বৰুৱা চাৰ আপুনি য'তেই আছে কুশলে থাকক।"

পৃষ্ঠাঃ ৪১
অবুজ ভালপোৱাৰ আকৰ্ষণ

মেহেনাজ সৰকাৰ
লক্ষীপুৰ, গোৱালপাৰা 
মো. নং  ৯১০১৭৩৭৩৩৬

তাইৰ অকৃত্ৰিম সৰল কিন্তু বুদ্ধিদীপ্ত সেউজ কোমল হাঁহিটোৱে মোৰ হৃদয়ৰ গভীৰৰো গভীৰ প্ৰদেশত চিৰযুগমীয়া ভাৱে সোণাৰু ফুল হৈ ফুলি উঠিল। মই কিবা ভাবি মুখত প্ৰাপ্তিৰ হাঁহি লৈ তাৰ পৰা উঠি আহিলো সৰু মোমায়েকৰ ঘৰলৈ ।
       মই , মা আৰু ভনী দুজনীৰ সৈতে নানাৰ ঘৰত গৈছিলো পিঠা খাবলৈ। বৰ ভাল লাগিছিল বহুদিনৰ মূৰত নানাৰ ঘৰত গৈ । কৰ্মব্যস্ততাৰ সাময়িক বিৰতি দি নানা-নানি , মামা- মামী আৰু আমি সকলোৱে একলগ হৈ আনন্দ মুখৰ হৈ উঠিছিলো বহু দিন মূৰত । খোৱালোৱাৰ পৰ্ব সামৰি আমি সকলোৱে কথাৰ মহলা মাৰি আছিলো । এনে সময়ত মই লক্ষ্য কৰিলো যে আমাৰ মাজতে এজনী ধুনীয়া লগতে মৰমলগা অচিনাকি ছোৱালী বহি আছে। ছোৱালীজনী মোৰ একেবাৰে সন্মুখত থকাৰ বাবে মই  স্পষ্টকৈ দেখিলো তাইৰ ফুল হালধীয়া মুখনি , ফেনৰ বতাহত উৰি থকা তাইৰ ফিৰফিৰীয়া চুলিকোছা, উন্নত নাক , চকু দুটা সাগৰৰ দৰে নীলা যেন কোনো কবিৰ আলফুলীয়া নীলাঞ্জনা , পাতল লিপ্‌ষ্টিকৰ উষ্ম নিবিড় দুটি ওঁঠত অকৃত্ৰিম সেউজ কোমল হাঁহি। তাইৰ লাহী হাত দুখন মাজু মামীৰ কান্ধত থৈ নিষ্পাপ হৈ চাই আছে সকলো ফালে। মই কেইবাবাৰো ছোৱালীজনীলৈ চালো আৰু মনে মনে ভাবিলো কোন হ’ব পাৰে তাই । আগতেতো দেখা নাই । তাইও চালে মোলৈ । সৰু ভনীৰ ইংগিতত অলপ গম পালো তাই মাজু মামীৰ লগত আহিছে । মই অলপ সময় তাত থাকি উঠি আহিলো  সৰু মোমায়েকৰ ঘৰলৈ ।
       মই সৰু মোমায়েকৰ ঘৰত বহি সেই ছোৱালীজনীক লৈ এটি কবিতাৰ আঁকবাক দিয়াৰ চেষ্টা কৰিলো । মই কেইবাটাও শাৰী লিখাৰ পিছত হঠাৎ কাৰোবাৰ শ্ৰুতিমধুৰ কণ্ঠ ভাহি আহিল  
       : এই তুমি কোন ? মোৰ ফালে চাই বাৰে বাৰে কিয় হাঁহিছিলা ?  
       মই ঘূৰি চাই দেখিলো সেই ছোৱালীজনী । খঙত তাইৰ গালত গোলাপী আভা বিৰিঙি উঠিছে । তাইৰ ভাৱ ভঙ্গীত বুজা গ’ল তাই কোনোবা মাক-দেউতাকৰ এজনী আলসুৱা আৰু  মৰম আকলুৱা ছোৱালী লগতে চঞ্চলাও । মই তাইৰ ফালে চাই মিচিকিয়াই হাঁহি থকাত তাই আকৌ ক’লে 
       : এই হাঁহিছা কিয় আৰু তুমি কোন নক’লা যে ? 
       : মই হাঁহিছোঁ , ক’ত ? 
       :  মই নিজে দেখিছো তুমি হাঁহিছা । 
       : উম ... মই হাঁহিছোঁ । কিন্তু তুমি কোন ? 
       : কিয় কম আৰু তুমি কথা সলাইছা কিয় ? 
       : চোৱা তুমি যেনেকোৱা ভাব দেখুৱাইছা আচলতে তুমি তেনেকুৱা সুন্দৰী নহয় । বিশ্বাস নহ’লে নিজৰ মুখখন দাপোনত চোৱা , দাপোনখন লগে লগে ভাঙি যাব তোমাৰ চেহেৰা চাই আৰু তুমি যে ইমান বকবক কৰি আছা নহয় তাতেই মই বুজিছো তুমি এটা মানুহৰ মূৰ খোৱা পোকহে।  
       মই যেন জ্বলা জুইত ঘিউ ঢালি দিলো । তাই খঙৰ ভমকতে বকবক কৰি গুচি গ’ল । মোৰ আধাৰুৱা কবিতাটো অসম্পূৰ্ণ হৈ তাৰ ঠাইত ভৰি পৰিল তাইৰ উষ্ম মিষ্টি কথোপকথনৰ সেউজীয়া দৃশ্যবোৰ । মোৰ মুখেৰে আপোনা-আপুনি ওলাই আহিল "বাঃ কি মিষ্টি কথা-বতৰাৰ ।" অলপ পিছত মই তাইক অনুসৰণ কৰিলো । মই দেখিলো তাই আকৌ আগৰ ঠাইলৈ গৈছে  । তেতিয়াও চলি আছিল কথাৰ মহলা । যেন শেষেই নহ’ব আজি। সকলোৰে হাঁহিৰ খলকনিবোৰ ক্ৰমশঃ গতি কৰিছে দূৰ বহুদূৰলৈ ।  মই নানাৰ কাষত বহি ছোৱালীজনী লৈ লক্ষ্য কৰিলো । তাই মোক চকুৰে ইঙ্গিত দি মাজু মামাক কৈ আছে 
       : চোৱোচোন ভিনী মই কি ধুনীয়া নহওঁ ।
       : কোনে কৈছে তুমি ধুনীয়া নহয় বুলি । তুমি বৰ ধুনীয়া ছোৱালী ।
       : এই পাগলী তোতকৈ ধুনীয়া ছোৱালী দেখোন আমাৰ এই অঞ্চলতেই নাই । মাজু মামীয়ে ক’লে।
       তাই এইবাৰ মোলৈ চাই এটা কুটিল হাঁহি মাৰি মাজু মামাক আকৌ ক’লে 
       : ভিনী মই কি খুব বেছি কথা কওঁ ? 
       : কোৱাচোন তোমাক কোনে কি কৈছে ? 
       ; আগতে কওঁক মই কি খুব বেছি কথা কওঁ ! মানে মোৰ কথা শুনি মানুহৰ মূৰৰ কামোৰণি হয় ? 
       : নহয়তো । কোনে কৈছে মোৰ খুলশালীক এনেকুৱা কথা । কোৱা মই এতিয়াই বিচাৰ কৰিম ।
       : নাই ! এনেয়ে ভিনী ।
       ছোৱালীজনীৰ এনে আচৰণ দেখি সকলোৱে তাইৰ ফালে চাই থাকিল । মাজু মামীয়ে ক’লে 
       : এই লাভলী কি হৈছে তোৰ ? কোনে কি কৈছে মোক কোৱা ? 
       : বাইদেউ মোৰ একো হোৱা নাই । চিন্তা নকৰিবাচোন । 
       কথাৰ মহলা তাতেই অন্ত পৰিব ধৰিলে । সকলোৱে উঠা-উঠি কৰিব আৰম্ভ কৰিলে । সন্ধিয়াটো ক্ৰমশঃ ৰাতিলৈ গতি কৰিলে । মই ভনীৰ পৰা জানিলো ছোৱালীজনীৰ সম্পূৰ্ণ নাম লাভলীনা । মাজু মামীৰ দূৰ সম্পৰ্কীয় ভনী । মই মনে মনে ভালেই পালো লাভলী মাজু মামীৰ দূৰ সম্পৰ্কীয় ভনীৰ কথা শুনি । মাজু মামীৰ নিজৰ ভনীতো নহয়। মোৰ ভনী দুজনী ক’ৰবালৈ গ’ল । মইও উঠি নানাৰ পুৰণি কোঠাটোত কাকো নেদেখি তাতেই বহি পৰিলো । ভাবিলো কবিতাটো সম্পূৰ্ণ কৰি লওঁ । শব্দৰ সৈতে মোৰ দুৰ্বাৰ যুদ্ধ চলিল । মোবাইলত টাইপ কৰিলো শব্দবোৰ । শব্দৰ সৈতে মোৰ যুদ্ধখন চলি থকাৰ সময়তে লাভলী বিজয় গৌৰৱেৰে সোমাই আহিল মই থকা কোঠালৈ । আহিয়েই তাই মোক ক’লে 
       : মই সঁচাকৈয়ে বৰ ধুনীয়া আৰু বৰ কম কথা কওঁ , কাৰো মূৰ খোৱা পোক নহয় । ভিনীয়েকে নিজে কৈছে । বুজিলা কিবা । 
       : সেয়া মই আগতেই জানো ।
       : কি জানা ? 
       : তুমি ধ্যানমগ্ন স্ৰষ্টাৰ নিখুঁত সৃষ্টি নাক্ষত্ৰিক স্বৰ্ণৰ প্ৰতিমা , সুৰ , স্বপ্নৰে উদ্ভাসিত যুগ-যুগান্তৰৰ কাব্য সম্ৰাজ্ঞী , নৱসৃষ্টিৰ বিপুল সম্ভাৱনাময় দেৱদূত । তোমাৰ কথাত মৌ বৰষে , জোনাকৰ ফুলনিত হেজাৰ তৰাফুল ফুলে । তোমাৰ ক্ষণিক চাৱনিত বসন্ত নামে , ফাগুনে ধূলিয়ৰি চিঠি লিখে প্ৰিয়জনলৈ । তোমাৰ সান্নিধ্যত জীৱনে প্ৰাণ পায় নতুনকৈ , ষাঠি বছৰ কিয় ষাঠী যুগলৈ জীয়াই থাকিব পাৰে কোনোবাই মাথোঁ তোমাৰ ফুল হালধীয়া মুখনিলৈ চাই ।
       : ওয়াও । তুমি কি কবি !
       : হ’ব পাৰে ।
       : হুম ... তেনেহ’লে  তুমি তেতিয়া তেনেকৈ ক’লা কিয় ? 
       : এনেয়ে ।
       : কি ! এনেয়ে । ৰবা মই ভিনীক এতিয়াই কৈ দিম ।
       তাইৰ মাতটো ডাঙৰ হোৱা দেখি মই ক’লো 
       : আৰে বাবা ইমান ডাঙৰকৈ চিঞৰিছা কিয় ?  কোনোবাই শুনিলে বেয়া ক’ব নহয় ।
       : চিঞৰিম আৰু চিঞৰিম । ভিনীয়েকক কৈ তোমাক উচিত শিক্ষা দিম । এবাৰ অপমান কৰা আৰু এবাৰ প্ৰশংসা কৰা । ভাবিছা মই একো নুবুজো । মই সকলো বুজি পাওঁ , মই সকলো বুজি পাওঁ । সেয়ে তোমাক উচিত শিক্ষা দিবই লাগিব।
       ছোৱালীজনী আঙুলি টোঁৱাই টোঁৱাই মোৰ ফালে আগুৱাই আহিল আৰু শব্দবোৰ ক্ৰমশঃ ডাঙৰ হ’ব ধৰিলে। মই পৰিস্থিতিটো শান্ত কৰাৰ বাবে তাইৰ ওঁঠত দীঘলীয়া চুম্বন কৰিলো । লগে লগে কোঠাটোত নিৰৱতাই বিৰাজ কৰিলে। ক্ষন্তেক সময় কাৰো লগত কথা-বতৰা নাই । মই চাই থাকিলো তাইলৈ । নিৰৱতা ভংগ কৰি তাই লাহেকৈ ক’লে 
       : তুমি মোক কিছ কৰিলা । তোমাৰ ইমান সাহস কেনেকৈ হ’ল ।
       : নহয় মানে ...হঠাৎ হৈ গৈছে। ছ’ৰি , আই এম এক্সট্ৰিমলী ছ’ৰি লাভলী । 
       লাভলীয়ে আৰু একো নকৈ তাৰ পৰা নীৰৱে গুচি গ’ল। মই ভয় খাই গ’লো । লাভলীয়ে যদি মোমায়েকক কৈ দিয়ে তেন্তে মই শেষ। সেয়ে সকলোকে থৈ মই অকলে  ঘৰলৈ গুচি আহিলো । গোটেই ৰাতি লাভলীনাৰ কথাবোৰ কাণত বাজি থাকিল আৰু চুম্বনটো ... আস্ ! মই যে পাহৰিবই পৰা নাই সেই স্বৰ্গীয় সোৱাদৰ চুম্বনটো। কিন্তু অলপ ভয়ো লাগিল যদি কথাটো মোমায়ে জানে ... ভয় আৰু আনন্দৰ মিশ্ৰণত ৰাতিটো কোনোমতে পাৰ কৰিলোঁ ।
       পুৱাতে উঠি গা ধুই সাজু হ’লো । কাৰণ মই আঠ বজাত দোকান খুলিব লাগিব । সেয়ে ভাবিলো নানাৰ ঘৰতে ভাতমুঠি খাই তাৰ পিছতহে দোকান খুলিম । লগে লগে ৰাতিৰ ভয়টো উজাই আহিল। ভয়ে ভয়ে চাইকেলখন উলিয়ালো এনেতে মোবাইলটো বাজি উঠিল । মাজু মামাৰ ফোন । মই যি সন্দেহ কৰিছিলো সেয়াই হ’ল । ভয়ত অণ্ঠ-কণ্ঠ শুকাই গ’ল । ভাবিলো আজিৰ দিনটো মোৰ বাবে ভয়ংকৰ দিন হ’ব । হয়তো শনি দেৱতাই মোৰ ওপৰত ভৰ কৰিছে । মই ভাৱনাত উগুল থুগুল হোৱাৰ বাবে ফোনটো বাজি বাজি কাটি গ’ল । মই স্বস্তিৰ নিশ্বাস এৰিলো । মই আকৌ ভাবিলো  "যি কি নওঁক মই ফোন ৰিচিভ নকৰোঁ আৰু এতিয়া নাযাওঁ নানাৰ ঘৰলৈ । হোটেলৰ পৰাই কিবা খাই লম ।" কিন্তু ভাৱনাটো সঁচা নহ’ল । আকৌ ফোনটো বাজি উঠিল। এইবাৰো মই ফোন ৰিচিভ নকৰিলো । কিন্তু তৃতীয়বাৰ মই ফোন ৰিচিভ কৰিবলৈ বাধ্য হ’লো । মই লাহেকৈ ক’লো 
       : হেল্ল’ মামা কওঁক । 
       সিফালৰ পৰা নাৰী কণ্ঠ ভাহি আহিল 
       : হেল্ল’ মিষ্টাৰ মনজিৎ শৰ্মা  ভয়ত অণ্ঠ-কণ্ঠ শুকাই গৈছে নেকি আপোনাৰ ফোন ৰিচিভ কৰোতে ইমান সময় লাগে যে ।
       : তু...তু...তুমি ।
       : বুজিছো তুমি সঁচাই বহুত ভয় খাই গৈছা । নানাৰ ঘৰত সোনকালে আহাঁ লোহা গৰম কৰি তোমাক পানী খুৱাওঁ ।
       : মই মুঠেই ভয় খোৱা নাই আৰু পুৰণিকলীয়া কথা মই কেতিয়াও বিশ্বাস নকৰোঁ । 
       : অ’ হয়তো ইমান সাহসী ল’ৰা সেই পুৰণিকলীয়া কথাবোৰ কিয় বিশ্বাস কৰিব । তুমি সোনকালে আহাঁচোন ভাতমুঠি খাই দোকান খোলাগৈ । 
       : মোৰ বিষয়ে তেন্তে জানি গৈছা ।
       : হুম ... তোমাৰ মাজু মামাৰ পৰা সকলো জানি লৈছোঁ । তুমি আওঁলাতলী বজাৰত সৰু এটা কম্পিউটাৰৰ দোকান কৰা । পঢ়া-শুনা বি এ পাছ কৰিছা । মাহিলী উপাৰ্জন প্ৰায় দহ হাজাৰ টকা। কিন্তু মাত্ৰ দহ হাজাৰ টকা দি এটা সংসাৰ কেনেকৈ চলিব ।
       : মইতো এতিয়াই সংসাৰ কৰিব বিচৰা নাই ।
       : গুড বয় ! সংসাৰ কৰাৰ ইচ্ছা নাই কিন্তু কিছ কৰিব পাৰা । মহাশয় মোক কোৱাচোন এতিয়ালৈকে কিমান ছোৱালীক কিছ কৰিলা ? 
       : ছিঃ ছিঃ মই তেনেকুৱা ল’ৰা নহওঁ । 
       : যিজন ল’ৰাই প্ৰথম চিনাকিতে কোনো এজনী ছোৱালীক কিছ কৰিব পাৰে সেইজন ল’ৰা কেনেকুৱা ধৰণৰ হ’ব ক’ব পাৰিবা তুমি ? 
       : তোমাকতো আগতেই কৈছো সেয়া ভুলতে হৈ গৈছে আৰু তুমি যেনেকৈ চিঞৰিছিলা তেনেক্ষেত্ৰত ভুল হোৱাটো স্বাভাৱিক।
       : তেনেহ’লে এনেকুৱা ভুল কেইটা কৰিলা ? 
       : আচলতে তুমি  কি ক’ব বিচাৰিছা কোৱাচোন ।
       : মই ক’ব বিচাৰিছো যে এতিয়াৰ পৰা তুমি মোৰ কথমতে চলিব লাগিব নহ’লে ৰাতিৰ কথাটো ভিনীয়েকৰ কাণত যাব । তেতিয়া কি হ’ব তুমি নিশ্চয় বুজিব পাৰিছা । 
       : বুজিব পাৰিছো মহাশয়া । এতিয়া মোৰ বৰ ভোক লাগিছে । গতিকে ভাত খাই দোকান খুলিব লাগিব । কি ক’বলগা আছে কোৱা।
       : মহাশয় আপুনি সোনকালে আহক মই ভাত ৰেডি কৰিছোঁ ।
       : ওয়াও চ’ নাইচ ।  
       ফোনৰ সংযোগটো বিছিন্ন কৰি মই আগুৱালো নানাৰ ঘৰলৈ । ভয়ৰ ডাৱৰটো লাহে লাহে আঁতৰি মন আকাশ ফৰকাল হৈ উঠিল । যদিও নানাৰ ঘৰত লাভলীনাৰ সৈতে দেখা কৰি ভাতমুঠি খাই দোকানলৈ গ’লো কিন্তু মনটো পৰি থাকিল লাভলীনাৰ ওচৰত । দোকানত মন নবহিল তথাপি জোৰকৈ বহিলো ।
       হঠাৎ মোৰ জীৱন আকাশত ধাৰাসাৰ প্ৰেমৰ বৰষুণ নামিল । মই উন্মনা হৈ পৰিলো । মই টলকিবই নোৱাৰিলো ক’ৰ পৰা কি হৈ গ’ল । হয়তো এইবাবেই কোৱা হয় প্ৰেম হৈ যায় । ইয়াক জোৰ কৰি সৃষ্টি কৰিব নোৱাৰি বা ধ্বংসও কৰিব নোৱাৰি । আমি প্ৰতিনিশাই কথা পাতিব ধৰিলো । আমাৰ কথা যেন শেষেই নহয় । আমি দুয়ো সপোন ৰচিলো দূৰ দিগন্তৰ নীলাভ সৰোবৰৰ বুকুত এটি সৰু পঁজা ঘৰৰ য’ত শান্তি সম্প্ৰীতি বিৰাজ কৰিব অহৰহ , য’ত এটি কণমানিৰ মৌ মিঠা কলৱত মুখৰিত হ’ব চৌপাশ , য’ত আমি ইজনে সিজনৰ বিশ্বাস হ'ম প্ৰতি মুহূৰ্তত। আমি খুব দ্ৰুত গতিত আগুৱালো সেই সপোনলৈ । কিন্তু আমাৰ এই যাত্ৰাপথৰ বাধা হৈ থিয় দিলে মোৰ বৃত্তিটো । মাত্ৰ আঠ দহ হাজাৰ টকা উপাৰ্জন কৰা মইজনৰ হাতত লাভলীনাৰ দেউতাকে তাইক দিবলৈ অস্বীকাৰ কৰিলে । সেয়ে মোৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ বাধ্য হ’লো । কিন্তু দৰিদ্ৰ ল’ৰা এজনৰ ক্ষেত্ৰত উপাৰ্জন বৃদ্ধি কৰাটো বৰ জটিল । সেয়ে বিভিন্ন কৰ্মক্ষেত্ৰৰ দীঘে-পথালিয়ে ঘূৰিলো । লাভলীনাও মোক বহুত সহায় সহযোগ কৰিলে। কিন্তু লাভ নহ’ল। মোৰ সকলো চেষ্টা বিফল হোৱাৰ পিছত মই মোৰ প্ৰেমক ঈশ্বৰৰ চৰণত তুলি দি মই নিশ্চিত মনে দোকানখনতেই পুনৰ বহি পৰিলো। 
       অৱসাদ আৰু ক্লান্তিৰ মাজতে লাভলীনাই মোক এটি সুখবৰ দিলে । হয়তো এয়া ঈশ্বৰৰে ইচ্ছা আছিল। হয়তো ঈশ্বৰৰেই বিচাৰিছিল আমাৰ পবিত্ৰ প্ৰেম যুগজয়ী হওঁক । সেয়ে লাভলীনাৰ জৰিয়তে সুখবৰটো মোলৈ পঠিয়ালে
       : হেল্ল’ মিষ্টাৰ দোকানী মহাশয় আপোনাৰ বাবে এটা সুখবৰ আছে । 
       : কিহৰ সুখবৰ মহাশয়া । 
       : ঈশ্বৰে আমাৰ প্ৰেমৰ ফালে চকু মেলি চাইছে ।দেউতাকে তোমাৰ এটা চাকৰিৰ ব্যৱস্থা কৰিছে । এতিয়া আৰু আমাৰ প্ৰেমৰ মাজত কোনো বাধা নাথাকিব । আমি খুব শীঘ্ৰেই এক হৈ যাম । 
       : এই অসাধ্যটো তুমি কেনেকৈ সাধ্য কৰিলা ?
       : সকলো লাভলীনাৰ খেল বুজিছা মহাশয়। মই আৰু মা দেউতাকক ভালকৈ তোমাৰ কথা ক’লো 
        : ল’ৰাজন দেখাত ভাল , শিক্ষিত , নম্ৰ। বচ দেউতা ৰাজি হৈ গ’ল। অ’ তোমাক ইমান ডাঙৰ এটা সুখবৰ দিলো মিঠাই কেতিয়া খুৱাবা ? 
       : মিঠাই ! নিশ্চয় খুৱাম । তাৰ আগত তুমি নানাৰ ঘৰত আহিব লাগিব। 
       : এই মহাদুষ্ট সেই মিঠাই বিয়াৰ পিছত । এতিয়া তোমাৰ হোৱাটছ এপত কি কি নথি-পত্ৰ লাগিব তাৰ তালিকাখন মই পঠাই দি আছো তুমি সেইবোৰ লৈ দেউতাকৰ লগত দেখা কৰা আৰু শুনা তুমি দেউতাকৰ লগত বেছি কথা নকবা দেউতা কিন্তু বৰ খঙাল। মাথোঁ দেউতাই যি সোধে তাৰ উত্তৰ দিবা ।
       : তুমি যেনেকৈ বিচৰা । 
       : নথিপত্ৰবোৰ লৈ সোনকালে আহা তেন্তে ।
       : হুম ....
       মই প্ৰয়োজনীয় নথিপত্ৰবোৰ লৈ আগুৱালো ভালপোৱাৰ বৰষুণত স্থায়ীভাৱে তিতিবলৈ , প্ৰাপ্তিৰ পৃথিৱীখনত সপোনক বাস্তৱ ৰূপ দিবলৈ , লাভলীনা , লাভলীনা এটি শ্ৰুতিমধুৰ সংগীতৰ সুৰ শুনিবলৈ...

পৃষ্ঠা ৪২

পাৰ্থক্য

জ্যোতিনাৰায়ণ দেৱ

         ৰামেশ্বৰম ভ্ৰমণ কৰি অহাৰেপৰা বিনয় আৰু শান্তিৰ বৰ আনন্দ ৷ তাৰ পৰা অনা ধৰ্মীয় কিতাপ কেইখনত সদায় চকু ফুৰায় ৷ তাত তোলা ফটোবোৰ চায় ৷ ভ্ৰমণৰ কথাবোৰ সোঁৱৰিলে সিহঁতৰ মনটো আনন্দত উঠলি উঠে ৷ মাক দেউতাক ধাৰ্মিক মানুহ৷ ল’ৰা ছোৱালী দুটিক লৈ বন্ধ পালেই দূৰণিলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ যায়৷ এইবাৰ দুৰ্গা পূজাত ৰামেশ্বৰমলৈ গ’ল ৷ বৰ ধুনীয়া ঠাই ৷ ধৰ্মীয় ঠাই ৷ বিৰাট জলৰাশি ভাৰত মহাসাগৰৰ মাজত ৰামেশ্বৰম অৱস্থিত ৷ ৰে'ল পামবান দলঙেৰে ৰামেশ্বৰমলৈ যায় ৷ ৰামেশ্বৰম পামবান দ্বীপত অৱস্থিত ৷ বিনয়ৰ ভনী শান্তি সৰু হৈ থকা বাবে মাজতে তীৰ্থ ভ্ৰমণলৈ যোৱা নাছিল৷ শান্তি অলপ ডাঙৰ হৈ অহাত আৰু ভ্ৰমণলৈ যোৱা কৰিছে ৷ সেইয়েহে এইবাৰ ৰামেশ্বৰমলৈকে যোৱাৰ কথা ভাবি গৈ আহিলগৈ। ৰামৰ ঈশ্বৰ মহা মহেশ্বৰ মহাদেৱ শিৱৰ পূজাৰ থলী ৰামেশ্বৰম ৷ পৃথিৱীৰ বাৰ জ্যোতিলিংগৰ এটা লিঙ্গ ইয়াতে আছে৷ ইয়াতে ভগৱান ৰামে ৰাৱণক বধ কৰা পাছত ব্ৰহ্ম হত্যাৰ পাপ খণ্ডন কৰিবলৈ ভাৰ্যা সীতা আৰু ভাতৃ লক্ষণৰ স’তে ভগৱান শিৱক পূজা কৰিছিল ৷ সীতাদেৱীয়ে বালিৰ জ্যোতিলিংগ সজাই শিৱক অৰ্ঘ দিছিল ৷ পাপৰ পৰা মুক্ত হয় ৷ এটা জ্যোতিলিংগ হনুমানে কৈলাশৰপৰা আনি ইয়াতে স্থাপন কৰে ৷ বিনয় আৰু মাক দেউতাকে কথাটো ৰামায়ণ চিৰিয়েল চাই গম পাইছিল ৷ অৱস্থিতিৰ কথা মোবাইলত বিচাৰোতে পাইছে ৷ লগতে ৰামেশ্বৰমত ৰামনাথস্বামী মন্দিৰ, নাম্বু নায়কি নামৰ পাৰ্বতি মাতাৰ মন্দিৰ, পঞ্চমুখী হনুমান মন্দিৰ, ধনুষকোড়ী মন্দিৰ গন্ধমাদন পৰ্বত মন্দিৰ লগতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহান বিজ্ঞানী আব্দুল কালাম ছাৰৰ সমাধি আদি আছে৷ আটাইবোৰ দৰ্শন কৰি অহাৰ পাছত আটাইৰে এতিয়া তাকে লৈ আলোচনা৷ বিনয়ে তাৰপৰা অনা ধৰ্মীয় কিতাপবোৰ পঢ়িছে৷ ফটোবোৰ চাইছে ৷ মাক দেউতাকেও পঢ়িছে ৷ তাত তোলা ফটোবোৰ চাই আনন্দ লাভ কৰিছে ৷ শান্তিয়ে ফটো চোৱাতে ব্যস্ত৷ 
         ধৰ্মীয় কিতাপবোৰৰ লগতে ৰামেশ্বৰম ভ্ৰমণৰ সহায়িকা পুথি দুখনমানো আছে ৷ কিতাপখনত ৰামেশ্বৰমলৈ কেনেদৰে যাব, ইয়াৰ মাহাত্ম্য কি ? ৰামেশ্বৰম নাম কিয় হ’ল ? সকলো আছে ৷ বিনয়ে ভালদৰে পঢ়িলে৷ ইয়াৰ বিষয়ে স্কুলত শিক্ষকে ক’বলৈ দিব ৷ বন্ধত কোন ক’লৈ ভ্ৰমণ কৰিবলৈ গ’ল, কি চালে সুধিব ৷ স্কুলৰ প্ৰায় ছাত্ৰ ছাত্ৰীয়ে বন্ধত ভ্ৰমণলৈ যায়৷ ঠাই চাই ৷ শিক্ষকে সুধিলে কয় ৷ ছাৰহঁতেও পৰিয়ালৰ স’তে যায় ৷ তাৰ বিষয়ে নিজেও কয় ৷ অলপ দূৰ্বল ঘৰৰ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাব নোৱাৰে৷ তেওঁলোকৰ বাবে কিবাকিবি আনে ৷ দিয়ে ৷ তেওঁলোকক ছাৰহঁতে বিনা খৰচত বনভোজলৈ নিয়ে৷ তেওঁলোকে আনন্দ পায়৷
     বিনয়হঁত ৰামেশ্বৰমৰ পৰা অহাৰ কেইদিনমান পাছত বিনয়হঁতৰ ঘৰলৈ বিনয়ৰ মাহী, মহা আৰু একমাত্ৰ পুত্ৰ প্ৰাণ ফুৰিবলৈ আহিল৷ ভালদৰে আহি পালেনে খবৰ ল’বলৈ আহিছে৷ বিনয় আৰু শান্তিয়ে সেই সময়ত বাৰাণ্ডাত বহি ৰামেশ্বৰমত তোলা ফটো চাই বহি আছে ৷ মাক ভিতৰত জিৰাই আছে৷ দেউতাক অফিচৰপৰা আহি পোৱা নাই৷ মাহীয়েকহঁত অহা দেখি বিনয়ে গৈ মাকক খবৰ দিলে৷ মাক উঠি আহিল৷ আলহীক ভিতৰলৈ নি বহুৱালে৷ বিনয় আৰু শান্তিৰ মাহীয়েকহঁত অহাৰ বাবে বৰ আনন্দ৷ মাহীয়েকহঁতে বিনয়হঁতে ভ্ৰমণৰপৰা ভালে কুশলে আহি পালে নে খবৰ ল’লে৷ দুই ভাই ভনীয়ে আনন্দতে ক’লে ভালদৰে আহি পাইছে ৷ বিণয় আৰু শান্তিয়ে ভ্ৰমণৰ বিষয়ে মুখস্থ গালে ৷ প্ৰাণে বিনয়হঁতৰ ফটো চাই আপ্লুত হ’ল ৷ বৰ ভাল ৰামেশ্বৰমৰ দৃশ্য ৷ প্ৰাণৰ মাক দেউতাককে চালে৷ বিনয়ৰ মাকে তিনিওকে ৰামেশ্বৰমৰপৰা অনা প্ৰসাদ দিলে ৷ তিনিও গ্ৰহণ কৰিলে ৷  প্ৰাণে মাক দেউতাকক ৰামেশ্বৰমলৈ যোৱাৰ কথা ক’লে৷ সিহঁতো যাব লাগে৷ দেউতাকে ক’লে যোৱা বছৰত সিহঁতে মুম্বাইলৈ গৈছে৷ বৰ্তমান আৰু ক’লৈকো যোৱাৰ কথা নাহে ৷ প্ৰাণে ক’লে অকল এঠাইলৈ গ’লে হ’বনে ? আন ঠাইলৈকো যাব লাগে৷ মুম্বাই বেলেগ ৰামেশ্বৰম বেলেগ৷ ৰামেশ্বৰম তীৰ্থস্থান৷ দেউতাকে ক’লে মুম্বাই ঘূৰি যিটো সুখ পোৱা গৈছে ৰামেশ্বৰমত সেই সুখ আনন্দ পোৱা নাযায়৷ তীৰ্থস্থানত চাবলগীয়া কি আছে৷ ভগৱান তাতো আছে ঘৰতো আছে৷ মুম্বাইলৈ গৈ পুতেকৰ লাভ হৈছে৷ চিনাকি হৈ আহিছে ঠাইখন৷ পাছলৈ গ’লে পুতেকে সাহসত ঘূৰাফুৰা কৰিব পাৰিব৷ দেউতাকে প্ৰাণৰ কথা শুনি সামান্য টানকৈ ক’লে৷ এতিয়া প্ৰাণে ভালদৰে পঢ়িব লাগে৷ মুম্বাইত প্ৰাণে ইঞ্জিনিয়াৰ পঢ়িবলৈ যাব লাগিব৷ ৰামেশ্বৰম ফটোত চালে হৈ যাব৷ যিটো কৰিলে ভবিষ্যতে মানুহৰ সহায় হয় মানুহে তাক কৰিবলৈ ব্যগ্ৰ হ’ব লাগে৷ দেউতাকৰ কথা শুনি প্ৰাণ মনে মনে থাকিল৷ দেউতাক চৰকাৰী উচ্চ বিষয়া৷ শিক্ষিত মানুহ৷ মাক উচ্চ শিক্ষিতা৷ মাক বাপেক দুয়ো চাকৰিয়াল৷ ল’ৰা উচ্চ শিক্ষিত হ’ব লাগিব৷ ডাঙৰ চাকৰি কৰিব লাগিব৷ 
      প্ৰাণে সোধো নোসোধোকৈ সুধিলে মাক দেউতাকে তাৰমানে ৰামেশ্বৰমলৈ গৈ পাইছে৷ 
       পুতেকৰ প্ৰশ্ন শুনি মাক দেউতাকে দুয়ো দুয়োৰে ফালে চালে৷ আজিকালি ল’ৰা ছোৱালীক আৰু নোৱাৰি৷ দেউতাকে লাহেকৈ ক’লে মাক দেউতাক গৈ পোৱা নাই৷ পুতেকৰ ভালৰ বাবে কৈছে৷ পুতেকে তিনি চাৰি বছৰ ভালদৰে পঢ়ক৷ মুম্বাইলৈ গৈ তাত পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ উৎসাহ পাবলৈ কৈছে যি কৈছে৷ 
      ইমান সময়ে বিনয়হঁতে মহাক আৰু প্ৰাণৰ কথা শুনি আছিল৷ মহাকৰ কথা শুনি বিনয় আৰু শান্তি মনে মনে থাকিল ৷ দুয়োকে বা দেউতাকে ক’ত পঢ়ুৱায় ৷ এসময়ত মহাকহঁত চাহপানী খাই যাবলৈ ওলাল৷ মহাক মাহীয়েকে  বিনয় আৰু শান্তিক ভালদৰে পঢ়িবলৈ দিলে৷ নিজৰ ঘৰলৈ ফুৰিবলৈ মাতিলে৷ সেই সময়ত বিনয়ৰ দেউতাক অফিচৰপৰা ঘৰ আহি পাইছেহি ৷ চাকৰিৰ পৰা আহি ঘৰ পাওঁতে দেৰি হ’য় কেতিয়াবা৷ অধ্যাপক মানুহ৷ কলেজত দেৰিলৈ কাম থাকে৷ প্ৰাণহঁতৰ পৰিয়ালক দেখি ভালপালে৷ দেউতাকে গা পা ধুই আহি বহিল৷ পৰিয়ালটোৰ আটাইৰে খা খবৰ ল’লে৷ তাৰ মাজতে বিনয়ৰ মাকে গিৰিয়েক আৰু সকলোকে জলপান আনি দিলে৷ বিনয়ৰ দেউতাকে ভালদৰে খালে৷ বাকীবোৰে আগতে খাইছে৷ কোনোৱে আৰু এবাৰ খালে৷ কোনোৱে নাখালে৷ কোনোৱে অলপ খালে৷ প্ৰাণৰ মাক বাপেকে ভ্ৰমণৰ কথা ক’লে৷ বিনয় আৰু শান্তিৰ মুখৰপৰা সকলো শুনিলে৷ বিনয়ৰ দেউতাকে হাঁহি ক’লে এইকেইদিন ইহঁতৰ মুখত ভ্ৰমণৰে কথা৷ তাকে ক’বলৈ পালে আৰু নো কি লাগে সিহঁত দুটাক৷ 
     প্ৰাণৰ দেউতাকে ক’লে, "বিনয় আৰু শান্তিৰ মুখত ৰামেশ্বৰমৰ কথা শুনি প্ৰাণৰো গা উঠিছে৷ সিও যায়৷ আমাৰ বাহিৰলৈ ফুৰিবলৈ গৈ থকা হয়৷ এতিয়া তাক ভালদৰে পঢ়িবলৈ দিছো৷ পাছত পঢ়িবলৈ বাহিৰলৈ যাবই লাগিব৷ গ’লে ঠাই চাব পাৰিব৷"
     বিনয়ৰ দেউতাকে কথাটো হয় বুলি শলাগিলে আৰু একো নক’লে৷ কি ক’ব ? সকলোৰে ইচ্ছা, বিচাৰ বিবেচনা বেলেগ বেলেগ৷ মাথোঁ ক’লে হয় প্ৰাণে দেউতাকৰ কথা মানি ভালদৰে পঢ়িব লাগে৷ বিনয় আৰু শান্তিয়েও ভালদৰে পঢ়ক৷ আৰুনো কি কাম আছে তেওঁলোকৰ৷ খাব লাগে৷ পঢ়িব লাগে৷ আনন্দত থাকিব লাগে৷ মুঠতে ভাল মানুহ হ’ব লাগে৷ প্ৰাণৰ মাক দেউতাকে সেইটোৱে বুলি ল’ৰা ছোৱালীহঁতৰ ফালে চালে৷ প্ৰাণে তলমূৰ হৈ ৰ’ল৷ বিনয় আৰু শান্তিয়ে হাঁহি মাৰি পঢ়িব বুলি ক’লে৷ এসময়ত প্ৰাণক লৈ মা দেউতাক গ’লগৈ৷
       আলহিক বিদায় দি বিনয় আৰু শান্তিক কাষত বহুৱাই দেউতাকে হাঁহিমাৰি সুধিলে আজি সুবিধা পাই দুয়ো ভ্ৰমণক লৈ ভাষণ ভালদৰে দিলে হ’বলা৷ দুয়ো হাঁহিলে৷ শান্তিৰ মগজুত খুন্দিয়াই থকা কথাটো দেউতাকক সুধিলে৷ মহাকে যে প্ৰাণক কৈছিল ৰামেশ্বৰমত পোৱা আনন্দ মুম্বাই চোৱা আনন্দতকৈ বেলেগ৷ কেনে বেলেগ ? দেউতাকে কি কয় ? কিয় বা কৈছিল ?
      মাক কাষতে আছিল৷ মাকে ক’লে প্ৰাণহঁতে আগতে মুম্বাইলৈ গৈছে৷ মুম্বাই মহানগৰী৷ খাইছে৷ লৈছে৷ আনন্দ কৰিছে৷ ৰামেশ্বৰম হ’ল তীৰ্থস্থান৷ তাত ভগৱানক ভবাৰ বাহিৰে আন আনন্দ নাই৷ আৰু প্ৰাণক মুম্বাইত পঢ়ুৱাব বিচাৰে বাপেকে৷ তিনি চাৰি বছৰ পাছত যাবলৈ হ’বই৷ প্ৰাণৰ সুবিধাৰ বাবে দেউতাকে তেনেদৰে কৈছে৷ 
       মাকৰ কথাটোৰ অৰ্থ বুজি দেউতাকে শান্তিক সুধিলে শান্তিয়ে বাৰু বুজি পাইছে নে মাকৰ কথা ? 
     শান্তিয়ে ক’লে "বুজি পোৱা নাই ।"
     "কিয় ? বুজি নাপাবলৈ কিনো আছে ?" দেউতাকে সুধিলে।
     শান্তিয়ে সুধিলে ৰামেশ্বৰমত আনন্দ বেছি নে মুম্বাইত আনন্দ বেছি৷ 
     দেউতাকে কি উত্তৰ দিয়ে জীয়েকক৷ ৰামেশ্বৰম লগতে আন কিছুমান ঠাইলৈ হে গৈছে তেওঁলোক৷ বিবাহিত জীৱনৰ আগত হওক বা পাছতে হওক দেউতাকে মুম্বাইলৈ গৈ পোৱা নাই৷ গৈ নোপোৱাকৈ কয় কেনদৰে৷ শান্তিৰ প্ৰশ্ন শুনি আটায়ে হাঁহে৷ শান্তিৰ প্ৰশ্ন বহুত৷ মগজুত অহা প্ৰশ্নৰ সঠিক উত্তৰ নোপোৱালৈ শান্তি নাই৷
      শান্তিয়ে সুধিলে মহাকহঁতে ৰামেশ্বৰমলৈ নোযোৱাকৈ তেনেহ’লে কেনেদৰে জানিলে৷ দেউতাকে কয় কি ? হয়তো কথাটো৷ একেবাৰে সঁচা কথা৷ আজিকালি মানুহবোৰৰ এইটোৱে বেয়া সৰু ল’ৰা ছোৱালীক কেনেদৰে ক’লে জ্ঞান বাঢ়িব পাৰে নাজানে৷ সেইবাবে ল’ৰা ছোৱালীহঁতে প্ৰকৃত জ্ঞান লাভ কৰিবলৈ নাপায়৷ সিহঁতৰ দোষ নাই ৷ সিহঁতক মাক দেউতাকে শুদ্ধ বিচাৰ বিবেচনা কৰিবলৈ নোৱাৰা কৰিছে৷ পুতেক জীয়েকহঁতে পঢ়িব লাগে৷ ডাঙৰ কিবা এটা কৰিব লাগে৷ ৰাম কোন সুধিলে ক’ব নোৱাৰে৷ ল’ৰা ছোৱালী ডাঙৰ মানুহ হ’ব লাগে৷ এইয়া সিহঁতৰ দোষ নহয়৷ মাক দেউতাকৰ দোষ৷ নতুন প্ৰজন্মক অন্য দিশে ধাৱমান কৰাইছে৷ 
      দেউতাকে মনেমনে থকা দেখি শান্তিয়ে সৰু সৰু হাত দুখনেৰে হাতচাপৰি মাৰি ক’লে, "এ দেউতাই উত্তৰ দিব নোৱাৰিলে৷"    
      দেউতাকে মাকৰ ফালে চালে৷ মাকে কি ক’ব৷ মাক দেউতাকে মনেমনে থকা দেখি বিনয়ে এইবাৰ মাত লগালে, "মুম্বাইলৈ দেউতাই আমাক নিবা নে ? নিলে গম পালোহেতেন দুয়োখন ঠাই ভ্ৰমণৰ আনন্দৰ পাৰ্থক্য ক’ত ? নহ’লে জানিম কেনেদৰে ? দেউতাই নিজে গৈ পোৱা নাই ক’ব কেনেদৰে ? মহাই প্ৰাণক কোৱা কথাটিৰ সত্যতা পাবলৈ পৰীক্ষা কৰি চাব লাগিব৷ আমাক ছাৰহঁতে কৈছে নিজৰ হানি নোহোৱাকৈ মানুহে সকলো অভিজ্ঞতা ল’ব লাগে৷ অভিজ্ঞতাই হেনো মানুহৰ জ্ঞান বঢ়ায়৷"
      বিনয়ৰ কথা শুনি দেউতাকে হাঁহিলে৷ পুতেকে কোৱা কথাটো সঁচা৷ শিক্ষকে সিহঁতক ভাল কথা কৈছে৷ বিনয়ে তেনেদৰে কথা নকয়৷ যিটো কয় ভাবিচিন্তি কয়৷ সি সৰুৰেপৰা বাস্তৱিক ৷ পৰীক্ষা কৰি হে কথা কয়৷ দেউতাকৰ চৰিত্ৰ পুতেকৰ গাত আছে৷ দেউতাক নিজেই বাস্তৱিক মানুহ৷ মানে পৰীক্ষা কৰি ভালপায়৷ দেউতাক দুখীয়া ঘৰৰ আছিল৷ পঢ়াকালত কিছুমান কাম ব্যৱহাৰিক ভাবে কৰি চাবলৈ সুবিধা পোৱা নাছিল৷ পাছলৈ টকা পইচা হ’ল৷ পৰীক্ষা কৰি চাব পৰা হ’ল৷ কিছুমান পৰীক্ষা কৰিবলৈ টকা পইচাৰ আৱশ্যক৷
     দেউতাকে কৈ উঠিল, "হয়তো মুম্বাইলৈ দেখোন আমাৰ যোৱা হোৱা নাই৷ ভালে কুশলে থাকিলে অহা বছৰমানে যাব লাগিব৷ তাতো চাবলগীয়া বহুত কিবাকিবি আছে৷ বিনয় আৰু শান্তি তোমালোকে পঢ়াশুনাৰ মাজতে সময় ওলিয়াই নেটত চাই লিখি থ’বাচোন মুম্বাইত কি কি চাবলগীয়া ঠাই আছে৷"
দেউতাকৰ কথা শুনি বিনয় আৰু শান্তিয়ে দেউতাকক সাৱটি ধৰিলে৷ দুয়ো চিঞৰি উঠিল৷ সিহঁতে জানে দেউতাকে কথাটো শুনিলে তাৰ বিষয়ে প্ৰথমে ভাবিব৷ পাছত কামটো কৰি চাবলৈলৈ মন কৰিব৷ নজনাকৈ দেউতাকে কোনো বিষয়ে একো নকয়৷ মাকে ক’লেও বেয়া পায়৷ মাকে নজনাকৈ কিবা কোৱা গম পালে কয় নজনাকে যে ক’লে তাৰপৰা মাকৰে কিবা লাভ হ’ল নে  শুনোতাৰ লাভ হ’ল৷ শিক্ষিত মানুহ হৈ তেওঁলোকে এনেকুৱা কৰিলে শোভা নাপায়৷ ল’ৰা ছোৱালীয়েও এনেয়ে ক’বলৈ শিকিব৷ এনেয়ে কোৱা কথাই কাৰো হিত সাধন নকৰে৷ বিনয়হঁতৰ মাকে আন কাম নকৰে৷ শুদ্ধ বিচাৰ ধাৰাৰ ঘৰৰ ঘৈণী৷ ল’ৰা ছোৱালী দুটিক পৰিচৰ্যা কৰে৷ পঢ়ুৱায়৷ ঘৰখন চায়৷
      ল’ৰা ছোৱালীৰ উৎসাহ দেখি মাকে ক’লে, "প্ৰাণৰ দেউতাকক ধন্যবাদ৷" 
      মাকৰ কথাৰ অৰ্থ বুজি দেউতাকে মাকলৈ চাই ক’লে "হয় নে বাৰু ?"
      দেউতাকৰ কথা শুনি মাকে হাঁহিলে৷ পিছে বিনয় আৰু শান্তিকো মুম্বাইত পঢ়ুৱাব লাগিব; সিহঁত দুটাক ঠাইখন দেখুৱাই আনিলে সিহঁতৰ আগলৈ তাত থকাৰ সহায় হ’ব দেউতাকে এবাৰো নক’লে৷ বিনয়ৰ দেউতাকে হয়তো প্ৰাণৰ দেউতাকৰ সিটো কথাত গভীৰ ভাবে মন দিয়া নাছিল৷

পৃষ্ঠা ৪৩
আৰ্ট গেলাৰীঃ
জাৰ্নভি - ভি কলিতা ।
বিদ্যালয় : হোলী চাইল্ড স্কুল ,গুৱাহাটী ।
শ্ৰেণী : পঞ্চম।

Mondakini Sarmah Goswami
C/O-Mr.Prachurjya Goswami
Uday Nagar,Hari Mandir Path,Tamuli chok Pulibor,Jorhat. Assam
Pin-785006

 Anurag Agam acharyya,
 Kuralguri Highersecondary School

পৃষ্ঠা ৪৪
শেষ পৃষ্ঠাৰ লেখাঃ

ক'ভিডকালীন  পৰিস্থিতিত
অসমৰ সাম্প্ৰতিক শিক্ষা  ব্যৱস্থাৰ ওপৰত পৰা
প্ৰভাৱ : প্ৰত্যাহ্বান আৰু প্ৰত্যাশা

পৰিণীতা কলিতা
সহঃ সম্পাদক, অঙ্গন।
ফোন:  ৯১২৭৫৬৪১২৪

' At the end of the day, the most overwhelming key to a child's success is the positive involvement of parents and teachers.

Together we may give our children the roots to grow and the wings to fly...'

শিক্ষাই হৈছে মানৱ জীৱনৰ মূল ভেটি আৰু ঘৰখনেই হ’ল শিক্ষাৰ কঠীয়াতলী। তাৰ পিছতে স্থান পঢ়াশালিৰ। বৰ্তমান সময়ৰ সমাজ ব্যৱস্থা তথা যুগৰ পৰিৱৰ্তন, সমাজত ঘটি থকা বিভিন্ন ঘটনাৱলী আৰু শিক্ষা ব্যৱস্থাত সঘনাই সলনি হোৱা দৃশ্যপটে ছাত্র-ছাত্ৰীৰ ওপৰতো বাৰুকৈয়ে প্ৰভাৱ পেলাইছে।

কভিড-১৯ মহামাৰী বিশ্বজুৰি বিয়পি পৰাৰ ফলত অসমতো সমাজৰ বিভিন্ন দিশত অভূতপূৰ্ব প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ শিক্ষাখণ্ডত অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ অসমৰ প্ৰায় সকলো শিক্ষাৰ্থী ১৫ মাৰ্চ, ২০২০ ইং তাৰিখৰ পৰা বৰ্তমানলৈকে নিজ নিজ শিক্ষানুষ্ঠানৰ পৰা আঁতৰত আছে৷ মুঠৰ ওপৰত কভিড-১৯ এ শিক্ষণ আৰু প্ৰত্যক্ষ শৈক্ষিক প্ৰক্ৰিয়ালৈ স্থবিৰতা নমাই আনিছে৷ এই কঠিন পৰিস্থিতিক মোকাবিলা কৰিবলৈ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানে শিকন আৰু শিক্ষণ প্ৰক্ৰিয়াক বিভিন্ন গণ মাধ্যম আৰু প্ৰযুক্তিৰ সহায়ত চলাই থকাৰ প্ৰয়াস কৰি থকা দেখা গৈছে৷ চৰকাৰী সংস্থা আৰু বিভিন্ন বৈদ্যুতিন চেনেলবোৰেও ডিজিটেল মাধ্যমত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা লৈছে৷ অৱশ্যে অসমৰ দৰে অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্যত সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব নোৱৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈয়েই আছে৷ আনকি প্ৰযুক্তিগত সমল যোগাৰ কৰি ল’ব নোৱৰাৰ বাবে আত্মহত্যাৰ দৰে ঘটনাও ঘটিছে৷ গতিকে এই শিক্ষণ ব্যৱস্থা অসমত কিমান ফলপ্ৰসূ হৈছে, এইটো অন্য আলোচনাৰ বিষয়৷

সুচল আৰ্থিক অৱস্থাৰ পৰিয়ালৰ পৰা ছাত্ৰ-ছাত্ৰী আগশাৰীৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহত পঢ়াৰ লগতে তেওঁলোকে পৰিয়ালৰ পৰাও যথেষ্ট সঁহাৰি পায়। কিন্তু বাকী থাকি যায়, এই ১৬ নিযুত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। অসমৰ বাহিৰৰ বিদ্যালয়সমূহৰ কথা বৰ বিশেষ নাজানো, দেখাও নাই, কিন্তু অসমৰ অতি কমেও ৬৪ হেজাৰ ছাত্ৰ-ছাত্ৰী চৰকাৰী বিদ্যালয়ৰ আৰু তেওঁলোকৰ বেছিসংখ্যকৰে ঘৰৰ আৰ্থিক দিশটো সুচল নহয়।

এতিয়া কথা হ’ল, যে অনলাইন পাঠদানৰ বাবে শিক্ষক আৰু শিক্ষাৰ্থীৰ উভয়ৰে লাগিব একোটা Android ফোন। ল’কডাউনৰ সময়ছোৱাত অনলাইন পাঠদানৰ বাবেই ছাত্র-ছাত্ৰীৰ হাতত আহি পৰিলনে একোটা Android ফোন ? দোকানসমূহত যথেষ্ট বিক্ৰী হোৱাও শুনিছোঁ। হয়তো বহু পৰিয়ালৰ মূৰত মাধমাৰ একোটা পৰিও কিনিবলগীয়া হ’ল আৰু কিছুসংখ্যকে নোৱাৰিলেও। যিসকলে কিনিলে, তেওঁলোকৰ ঘৰৰ মোবাইলটো ব্যৱহাৰ হ’লনে ? অনলাইন পাঠদানৰ বাবে প্ৰযুক্তি কৌশলৰ উপৰিও অন্য এক প্ৰয়োজনীয় সমল হৈছে ইন্টাৰনেট ব্যৱস্থা। ইন্টাৰনেট ব্যৱস্থাৰ বাবে মাহিলি খৰচ এটা লাগিব। কোনোমতে ফোন এটা যোগাৰ কৰি দিয়া পৰিয়ালসমূহে মাহিলি ইন্টাৰনেটৰ খৰচটো বহন কৰিব পৰাকৈ সক্ষম নহয়। লগতে বহু গ্ৰামাঞ্চলতে টেলিকম নেটৱৰ্ক সক্ৰিয় নহয়। তাৰ পাছতো অনলাইন পাঠদান পূৰ্ণগতিত চলি আছেনে নাই তাৰ তথ্য সাপ্তাহিক ভিত্তিত পৰিদৰ্শন বিভাগে বিদ্যালয়ৰ পৰা বিচাৰিছেও।

পূৰ্ণগতিত নচলা নহয়, চলিছে। বহুকেইগৰাকী শিক্ষকে বহু কষ্টও কৰিছে। কিন্তু আটাইসংখ্যক শিক্ষাৰ্থীয়ে অনলাইন পাঠদানৰ সুবিধা লাভ কৰিব পৰা নাই। প্ৰমাণস্বৰূপে চুবুংছাৰ নাৰ্জাৰীৰ আত্মহত্যা। চুবুংছাৰ হতাশ হৈছিল এইকাৰণেই যে তেওঁ অনলাইন পাঠদানৰ সুবিধা লবলৈ অসমৰ্থ আছিল। পৰ্যাপ্ত প্ৰযুক্তিৰ অভাৱ বুলি তেওঁক আচলতে হত্যা কৰা হ’ল। সংবাদ মাধ্যমত ডুলি থাকিল চুবুংছাৰৰ বাতৰি। চেমনীয়া এজনে এনে পথ ল’ব বুলি আমি কেতিয়াও কল্পনা নকৰিলেও, সামাজিক কাৰণ একোটাত জীৱন একোটা নোহোৱা হৈ যায়, হৈ গৈ আছে। অৱশ্যে এদিনৰ বাবে উক দি উঠা শোকৰ বন্যাত দিনদিয়েকৰ পাছত চুবুংছাৰক পাহৰি থকা হ’ল।

অনলাইন পাঠদানৰ লগত অতিকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হৈছে যে শিক্ষক আৰু শিক্ষাৰ্থী এই কৌশল লৈ সাজু হয় নে নহয়। আমাৰ বহুসংখ্যক শিক্ষক শ্ৰেণীকোঠাত থিয় হৈ ক’লাফলক আৰু চকপেঞ্চিলৰ সহায়ত লিখি বুজোৱাতহে সহজ হৈ আছে। তাৰোপৰি অৰ্ধেকসংখ্যক বিদ্যালয় শিক্ষকেই প্ৰযুক্তি কৌশলৰ লগত অভ্যস্ত নহয়। ফলস্বৰূপে তেওঁলোকে অনলাইন পাঠদানৰ যোগেদি শিক্ষাৰ্থীৰ মনোযোগ পূৰ্বৰ দৰে আকৰ্ষণ কৰিব নোৱাৰে। লগতে অন্য এক সমস্যা হৈছে হোৱাটছএপ ফেচবুক ইত্যাদি চছিয়েল মিডিয়াত ধাৰসাৰ গতিত ভাগবটোৱাৰা হৈ থকা কিছুমান বাতৰি, মন্তব্যই পাঠদান কৰি থকা অৱস্থাত শিক্ষাৰ্থীৰ মনোযোগ লাঘৱ কৰিব পাৰে।

আমাৰ দেশত ৬৩০ নিযুত মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰে। কিন্তু গ্ৰামাঞ্চলৰ ২৫.৩% (১০০জনৰ ভিতৰত) জনসংখ্যাই ইন্টাৰনেট ব্যৱহাৰ কৰে, য’ত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ৬৬% হৈছে গ্ৰামাঞ্চলৰ। তাতকৈও ডাঙৰ কথাটো হৈছে ভাৰতবৰ্ষত খুব কম সংখ্যক লোকেহে মোবাইলটো অকল মনোৰঞ্জনৰ বাদে শিক্ষাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি বুলি ভাবে। টিকটক জাতীয় এপবোৰ চৰকাৰে বন্ধ কৰিলেও এতিয়াও তেনেধৰণৰ মনোৰঞ্জনমূলক ভিডিঅ’সমূহক (যিবোৰে মনোৰঞ্জনৰ বাদে বহু বিদ্বেষ আৰু বৈষম্যমূলক ধাৰণাও সমাজত বিয়পাইছে) লৈয়েই ভাৰতবৰ্ষৰ বহু জনতাই মোবাইল একোটা ব্যৱহাৰ কৰি আছে। এয়া তেওঁলোকৰ ভুল নহয়। প্ৰযুক্তি লৈ ভাৰতবৰ্ষৰ জনতা পুঁজিবাদী ৰাষ্ট্ৰৰ জালত কোনোবা কালতেই পৰিছে। এইসমূহ সমস্যা চালি জাৰি নোচোৱাকৈ ডিজিটেল মাধ্যম বিদ্যালয় শিক্ষাৰ বাবে ভাৰতবৰ্ষত সাৰ্বজনীন নোহোৱাৰ লগতে বৰ বিশেষ উপকাৰী নহয় বুলি আমি ভাবো। তাৰ মাজতে গুণগত শিক্ষাৰ নামত আজিকোপতি চৰকাৰে কি পন্থা অৱলম্বন কৰিছে বুলি কৰা প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। কিয়নো শিক্ষাৰ নামত চৰকাৰৰ পৰ্যাপ্ত বাজেট নায়েই। প্ৰযুক্তিগত মাধ্যমৰ লগত অপৰিচিত জনতাৰ ওপৰত হঠাতে প্ৰযুক্তি ব্যৱহাৰৰ কথা আহি পৰিলে কি ধৰণৰ সমস্যা হৈ আছে তাক দেখাৰ পাছতো যদি আমি একেই কথাতেই লাগি থাকো, বিকল্প সমাধান নাভাবো, তেনেহলে অনিশ্চয়তাৰ হতাশাই আৰু বহু জীৱনৰ বাবে বিপদঘন্টা বজাব।


লকডাউনৰ ফলস্বৰূপে বিভিন্ন শিক্ষানুষ্ঠান, শৈক্ষিক বোৰ্ড অথবা বিশ্ববিদ্যালয়সমূহে পৰীক্ষাসমূহ সময়ত অনুষ্ঠিত কৰিব পৰা নাই৷ অসমত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে যদিও উচ্চ শিক্ষাৰ বাবে অনুষ্ঠিত হ’বলগীয়া বাছনি পৰীক্ষাসমূহ অনুষ্ঠিত নোহোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত শংকা আৰু অস্থিৰতা বৃদ্ধি পাইছে৷ বিশ্ববিদ্যালয়সমূহেও স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাসমূহ কেনেদৰে অনুষ্ঠিত কৰিব, ঠিক কৰিব পৰা নাই৷ এনেকুৱা সন্ধিক্ষণত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ অস্থিৰতা সৃষ্টি হোৱাটো একো আচৰিত নহয়৷ মুঠৰ ওপৰত কভিড-১৯ৰ বাবে অসমৰ শৈক্ষিক কাৰ্যকলাপৰ ওপৰত গভীৰ অস্থিৰতাৰ যে সৃষ্টি হৈছে, এইটো খাটাং৷ শৈক্ষিক মূল্যাংকন প্ৰক্ৰিয়াত প্ৰভাৱ: অসমৰ ষাণ্মাসিক শিক্ষা ব্যৱস্থাত আভ্যন্তৰীণ পৰীক্ষাৰ জৰিয়তে ২০ শতাংশ নম্বৰৰ মূল্যাংকন কৰা হয়৷ বাকী ৮০ শতাংশ নম্বৰৰ বাবে বিশ্ববিদ্যালয়সমূহে শেষ ষাণ্মাসিকৰ ৰূপত পৰীক্ষা অনুষ্ঠিত কৰে৷ অসমৰ বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব লগা প্ৰায় সকলোবোৰ পৰীক্ষা পিছুৱাব লগা হোৱাৰ উপৰিও আভ্যন্তৰীণ পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হৈছে৷ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মূল্যাংকনৰ ওপৰত কভিড-১৯ৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে৷ অৱশ্যে এচাইনমেণ্ট ভিত্তিক আভ্যন্ত্যৰীণ মূল্যাংকনৰ চিন্তা-চৰ্চা কৰা হৈছে যদিও শেষ ষাণ্মাসিকৰ পৰীক্ষাসমূহ কেনেদৰে অনুষ্ঠিত কৰিব পাৰি, বিশ্ববিদ্যালয়সমূহে সঠিকভাৱে একো ক’ব পৰা নাই৷ চাকৰিৰ সুযোগ হ্ৰাস: প্ৰায় সকলো চাকৰি সম্বন্ধীয় পৰীক্ষা আৰু সাক্ষাৎকাৰ বাতিল কৰা হৈছে৷ অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত বহু শিক্ষকৰ বাবে আবেদন বিচৰা হৈছিল বা হৈছে; কিন্তু আজিৰ তাৰিখলৈ কোনো ধৰণৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব পৰা নাই৷ আনহাতে বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত কাৰ্যৰত উচ্চশিক্ষিতসকলৰ মাজত অনিশ্চয়তাই গা কৰি উঠিছে৷ তেওঁলোকৰ বহুতৰে চাকৰি ইতিমধ্যে নোহোৱা হৈছে বা আন সকলৰ চিন্তা বাঢ়িছে কেতিয়া তেওঁলোকৰ চাকৰিত অনিশ্চয়তা আহে! নতুনকৈ চাকৰিৰ বাবে যোগ্য হোৱাসকলে নিজৰ সংস্থাপন এটা ঠিক কৰিব নোৱৰাৰ ফলত অসমত নিবনুৱা সমস্যা আৰু অধিক বৃদ্ধি পাব৷ ফলস্বৰূপে মানুহৰ জীয়াই থকাৰ সংগ্ৰাম বাঢ়িব আৰু ভৱিষ্যতে উচ্চ শিক্ষাৰ প্ৰতি অনীহা বৃদ্ধি হ’লে আচৰিত হ’বলগীয়া একোৱেই নাথাকিব৷

আকস্মিকভাৱে উদ্ভৱ হোৱা এনে পৰিস্থিতিত  কিছুমান সমস্যাৰ সৃষ্টি হোৱাটো খুবেই স্বাভাৱিক ৷ সেইদৰে কিছুমান সমস্যাৰ তাৎক্ষণিক সমাধানো  নিশ্চয়কৈ সম্ভৱ নহয় ৷ সেয়েহে আমাৰ বোধেৰে এনে ধৰণৰ অনাহুত পৰিস্থিতিত  প্ৰয়োজন সাপেক্ষে সমস্যাৰে সহাৱস্থান কৰিও,কিছুমান সমস্যা আওকাণ কৰিও নিৰ্ধাৰিত লক্ষ্য প্ৰাপ্তিৰ দিশত দৃঢ়তাৰে অগ্ৰসৰ হোৱাৰ মানসিকতা গঢ়ি তোলাৰ আৱশ্যকতা আছে ৷ অৱশ্যে এই সকলো বাধা -হেঙাৰ-সমস্যা নেওচি অসমৰ উক্ত শিক্ষা ব্যৱস্থাক সঁচা অৰ্থত অৰ্থৱহ কৰি তোলাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহৰ উদ্যোগত শিক্ষক-ছাত্ৰৰ মাজত সমন্বয় স্থাপন কৰি সুপৰিকল্পিতভাৱে আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিব লাগিব ৷ অৱশ্যে এইক্ষেত্ৰত চৰকাৰৰ সক্ৰিয় সহায়-সহযোগিতাও নিশ্চয়কৈ জড়িত হ'ব লাগিব ৷

পৃষ্ঠা ৪৫


Post a Comment

0 Comments