অঙ্গন (১ নৱেম্বৰ ২০২০)

 পৃষ্ঠা ১

বেটুপাতঃ ১



পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰিবলৈ
অনুৰোধ জনোৱা হ'ল।



অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰত

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 নৱেম্বৰ, 2020

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ পৃষ্ঠা ৫
শৰীৰ আৰু মন

২/ প্ৰৱন্ধ: পৃষ্ঠা ৬-৯
ক/ মহাভাৰতত ভিত্তিক বচন, ফকৰা-যোজনা আৰু জটুৱা ঠাঁচ ( প্ৰণৱ ফুকন)
খ/ দেৱী পূজাৰ তাৎপৰ্য (বন্দিতা শৰ্মা কন্দলী)
গ/মনুষ্যত্ব জ্ঞান থকাটো জৰুৰী (শুভালক্ষ্মী নাথ)

৩/ ধাৰাবাহিক উপন্যাসঃঃ পৃষ্ঠা ১০-১৪
ক/ধুমুহাই ভঙা সপোন (দুৰ্গেশ্বৰ শইকীয়া)
খ/অনুতপ্ত (বৃষ্টি বৰুৱা)
গ/অভিশ্ৰুতি (চয়নিকা বৰুৱা)

৪/ অণুগল্পঃঃ পৃষ্ঠা ১৫
ক/ সংগ্ৰাম ( হেমা চৌধুৰী গগৈ)
খ/ মহামাৰী (সংকল্পজিৎ শইকীয়া)
গ/ফলাফল(নীৰুপমা ডেকা)

৫/ এক মিনিটৰ গল্পঃ পৃষ্ঠা ১৬-১৭
ক/ভুলৰ পৰিসমাপ্তি ( পিংকী শইকীয়া)
খ/ সুধাকণ্ঠ(মমী তামুলী)

৬/ অনুবাদ কবিতাঃ পৃষ্ঠা ১৮-১৯
ভূমিকা (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ Introduction By William Blake
খ/ মোৰ চহৰ (অনুবাদঃ প্ৰাঞ্জল কুমাৰ লাহন)
মূলঃ হিন্দী ( অমৃতা প্ৰতীম)

৭/কবিতাঃঃ পৃষ্ঠা ২০-৩৫
ক/এট সময় আহে সকলোবোৰ আঁতৰি যায় কাষৰ পৰা (ৰণ‌্জিত গগৈ)
খ/ কবিতাৰ প্ৰেমত পৰোঁ বাবেই(দুষ্যন্ত এম বৰুৱা)
গ/নখেৰে আঁচোৰা হৃদয় (ৰূপজ্যোতি হাজৰিকা দত্ত)
ঘ/ৱাহ ৰে জীৱন  (গীতৰাজ)
ঙ/ নিশাৰ সাক্ষী(বৰষা গায়ন)
চ/ মৃত্যু (হিমাশ্ৰী বৰা)
ছ/প্ৰিয়তমা(জনাশ্ৰিতা কাশ্যপ)
ছ/ জীৱন গাথা (মানিক পাল)
জ/ মা (পৰিষ্মীতা পৰাশৰ)
ঝ/সন্ধান (চম্পামণি দিহিঙীয়া)
ঞ/প্ৰফেট (অনুপ অসমীয়া)
ট/ ফাগুনৰ কেনভাচত তুমি পলাশ হৈ জিলিকিছা (চিন্ময় বৰুৱা)
ঠ/ আজি পৃথিৱী ধূসৰ ( তপন দাস)

শাৰদীয় কবিতাঃ
ক/ সৰা শেৱালিৰ উচুপনি (ধৰিত্ৰী দেৱী)
খ/শৰতৰ অনুভৱ (নিবেদিতা দাস)
গ/ শৰৎ ২০২০ (নিভা বৰুৱা )

৮/ব্যঙ্গ ৰচনাঃ পৃষ্ঠা ৩৬
তিতা গজালিৰ গাজ
(শ্যামলিমা কাকতি)

৯/ অনুভৱঃঃ পৃষ্ঠা ৩৭-৩৮
ক/ শৈশৱৰ পূজাৰ মাদকতা(প্ৰস্তুতি শৰ্মা)

১০/ ভ্ৰমণ কাহিনীঃঃ পৃষ্ঠা ৩৯
মোৰ ভ্ৰমণ ডায়েৰী-৬
পাৰাঝাৰ (শৰ্মীষ্ঠা বৰ্মন)

১১/ শিশু সাহিত্যঃঃ পৃষ্ঠা ৪০
সাধাৰণ জীৱন উন্নত চিন্তন ( ৰাজশ্ৰী বৰা)

১২/ গল্পঃঃ পৃষ্ঠা ৪১-৪২
ক/সহোদৰ (আদৃতা শিৱম)
খ/মালিতা (হজৰত আলী)

১৩/ ৰেচিপিঃ পৃষ্ঠা ৪৩
ওটচ‍‌ৰ মালপোৱা (নিবেদিতা চৌধুৰী )

১৪/ নীলা খামৰ চিঠিঃঃ পৃষ্ঠা ৪৪
ময়ূৰী ভট্টাচাৰ্য বৰুৱা

১৫/ শেষ পৃষ্ঠাৰ লেখাঃঃ পৃষ্ঠা ৪৫
গমধৰ কোঁৱৰ (মঞ্জিত হাজৰিকা)


পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ জিজ্ঞাসা দত্ত, যোৰহাট।
ফটোগ্ৰাফাৰ ঃ মিন্টু ভৰালী, যোৰহাট।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া,, প্ৰস্তুতি শৰ্মা, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।



পৃষ্ঠাঃ ৫


সম্পাদকীয়ঃ

শৰীৰ আৰু মন

অঙ্গনৰ প্ৰতিজন পঢ়ুৱৈ, লেখক-লেখিকা, প্ৰতিনিধি, সম্পাদনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে প্ৰতিজন শুভাকাংশীলৈ শাৰদীয় শুভেচ্ছা যাচিলোঁ। শৰৎ মানেই মন উতলা কৰা প্ৰকৃতিৰ এক অলৌকিক সৃষ্টি। এই শৰততেই মানুহৰ মনবোৰত স্বাভাৱিকতে সুখৰ জন্ম দিয়ে। অসমীয়াত এষাৰ কথা আছে, "এটা সুস্থ শৰীৰতহে এটা সুস্থ মনে বাস কৰে।" অৰ্থাৎ আমি আমাৰ শৰীৰটো নিৰোগী তথা সুস্থ কৰি ৰাখিব পাৰিলেহে আমি এটা সুন্দৰ মন লাভ কৰিম। বিপৰীতে শৰীৰটোক অৱহেলা কৰিলে আমাৰ মনটো স্বাভাৱিকতেই অশান্ত হৈ পৰিব। এইখিনিতে এটা প্ৰশ্ন মনলৈ আহে "আমি আমাৰ শৰীৰটো সুস্থ তথা নিৰোগী কৰি ৰাখিবলৈ কি কি ব্যৱস্থা হাতত লৈছো ? এয়া নিশ্চিত: যে আমাৰ শৰীৰটোও এটা যন্ত্ৰৰ দৰেই যি বিভিন্ন জৈৱিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ সমাহাৰ। এই জৈৱিক পৰিৱৰ্তন সমূহ নিৰন্ত্ৰণ আমাৰ শৰীৰত সংঘটিত হৈ থাকে আৰু এটা সময়ত এই প্ৰক্ৰিয়া দুৰ্বল হৈ পৰে আৰু আমিও বৃদ্ধ হৈ পৰোঁ। ঠিক আমাৰ গাড়ীখনৰ দৰেই। নতুন অৱস্থাত গাড়ীখনৰ প্ৰতিটো অংশ অধিক সক্ৰিয় হৈ থাকে বাবে আমি গাড়ীখন চলাই ভাল পাওঁ, লাহে লাহে অংশবোৰ পুৰণি হয়, অকামিলা হয় আৰু আমিও নতুন গাড়ী এখন লোৱাৰ কথা চিন্তা কৰোঁ। গাড়ীখন ভালে ৰাখিবলৈ যিদৰে নিয়মীয়াকৈ চাৰ্ভিচিং কৰাব লগীয়া হয়, যিদৰে নিয়মীয়াকৈ ধুই মচি চফা কৰি ৰখা হয়, যিদৰে পানী, ম'বিল আদি পৰীক্ষা কৰা হয় একেদৰে আমাৰ শৰীৰটোৰো আমি নিয়মীয়াকৈ যত্ন ল'বলগীয়া হয়। শৰীৰটোৰ যত্ন বুলি কোৱাৰ লগে লগে কেইটামান প্ৰশ্ন আমাৰ মনলৈ আহে। যেনে, আপুনি নিয়মীয়াকৈ প্ৰাত:ভ্ৰমণ কৰেনে, শৰীৰ চৰ্চা, যোগাসন, ধ্যান আদি কৰেনে, প্ৰয়োজনীয় পানী খায় নে, প্ৰয়োজনীয় টোপনি সুন্দৰকৈ মাৰেনে, ভাল আহাৰ গ্ৰহণ কৰেনে, নিয়মীয়াকৈ কিতাপ পঢ়েনে ইত্যাদি ইত্যাদি। এনে ধৰণৰ প্ৰতিটো কামৰ লগত আমাৰ শৰীৰৰ লগতে মনটোৰ সুস্থিৰতা‌ ওত:প্ৰোতভাৱে জড়িত হৈ আছে। এইখিনিতেই এটা কথা উল্লেখ নকৰিলে বিষয়টো আধৰুৱা হৈ ৰ'ব। আমাৰ সমাজত শাৰীৰিক পৰিশ্ৰমক অৱহেলাৰ দৃষ্টিৰে চোৱাৰ এটা পৰম্পৰা পূৰ্বৰে পৰাই চলি আহিছে। ইতিহাস খুচৰিলে গম পোৱা যায় যে এই ধাৰণা কেৱল অসমীয়াসকলৰ মাজতেই নহয় বৰং বিশ্বৰ বহুতো আগশাৰীৰ দেশৰ জনসাধাৰণৰ মাজতো দেখিবলৈ পোৱা গৈছিল। এই ধাৰণাই আমাক শাৰীৰিক পৰিশ্ৰমৰ পৰা আঁতৰি থাকিবলৈ ক'ৰবাত বাধ্য কৰে। সেইবাবেই আমাৰ পৰিয়ালৰ কোনো এজন সদস্যৰেই শাৰীৰিক পৰিশ্ৰম কৰি জীয়াই থকাৰ মানসিকতা নাই লাগিলে দেউতাকৰ কষ্টোপাৰ্জিত ধনৰ ওপৰতেই চলি থাকিব। এই মানসিকতাইও আমাৰ শৰীৰত বিৰূপ প্ৰভাল পেলায়। দিনৰ দিনটো ঘৰটোতে সোমাই বিচনাত পৰিও এচামে নিজৰ শৰীৰটোক চৰম অৱহেলা কৰে, একেদৰে বহুতে  অনবৰতে সামাজিক মাধ্যমত ব্যস্ত থাকিও শৰীৰৰ প্ৰতি আওকান কৰি গাৰ বিষ, মূৰৰ বিষ, ভৰিৰ বিষত দিন পাৰ কৰে।
প্ৰকৃততে জীৱনটো আমাৰ নিজৰ। এই জীৱনটো কামেৰে জুখিলে বৰ দীঘলীয়া নহয়। গতিকে এই সৰু জীৱনটোক সুন্দৰ কৰি তোলাৰ দায়িত্ব আমাৰ নিজৰেই। জীৱনটো তেতিয়াহে প্ৰকৃততে সুন্দৰ হৈ পৰিব, যেতিয়া আমি আমাৰ মনটো সুন্দৰ কৰি ৰাখিব পাৰিম। আমাৰ মনটো সুন্দৰ কৰি ৰাখিবলৈ আমাৰ শৰীৰটোৰ আমি যত্ন ল'ম। শৰীৰটো ভালে ৰাখিবলৈ আমি শ্ৰম কৰিব লাগিব।ঘৰখনৰ সৰু বৰ শাৰীৰিক শ্ৰম আমি কৰিব লাগিব।নিজৰ ঘৰখনৰ চৌপাশ চাফা কৰা,বাৰীৰ জেওৰা জপনা দিয়া,ফুলনিখনৰ প্ৰতিজোপা গছৰ ভালদৰে যত্ন লোৱা,পোহনীয়া জন্তু কেইটাৰ প্ৰয়োজনীয় খিনি যোগান দিয়া এনেবোৰ কাম আমি নিজেই কৰিলেহে আমাৰ শাৰীৰিক শ্ৰম হ'ব। কাৰণ আজিকালিটো আৰু বেলেগ কাম ঘৰখনত নাথাকে।মনটোৰ অৱসাদ দূৰ কৰিবলৈ আমি পূৱা গধূলি ভগৱানক সেৱা কৰিব লাগে, ভাল ভাল চিন্তাৰে নিজকে পূৰ্ণ কৰিব লাগে ।ইয়াৰ উপৰি পাৰিলে কিতাপ ,বাতৰি কাকত পঢ়ি সময় কটাব লাগে। এতিয়া যিহেতু উৎসৱমুখৰ পৰিৱেশ গতিকে এই উৎসৱ উদযাপন কৰিব লাগে । কাৰণ উৎসৱৰ জৰিয়তে মনবোৰত আনন্দ বাঢ়ে, মনৰ সহযোগিতা বাঢ়ে আৰু প্ৰশান্তি লাভ কৰিব পৰা হয়।এটা কথা নিশ্চিত: যে এটা সুন্দৰ তথা সুস্থ মনে অধিক ক্ষিপ্ৰতাৰে কাম সমাধা কৰিব পাৰে। সেয়েহে মনটোৰ সুস্থিৰতাত সকলোৱে গুৰুত্ব দিয়াটো খুবেই জৰুৰী।কিয়নো ভাল মনত ভাল চিন্তাৰ জন্ম হয়। বিশেষকৈ মনটোৰ সুস্থিৰতাই আমাৰ কাম সমূহ নিয়াৰিকৈ, কলাসন্মত ভাবে সম্পাদনা কৰাত বিশেষ ভূমিকা লয়।

হেমেন নাথ
সম্পাদক
(9678696861)
অঙ্গন, পষেকীয়া ই-আলোচনী




পৃষ্ঠাঃ ৬

প্ৰৱন্ধঃ

মহাভাৰত ভিত্তিক বচন, ফকৰা - যোজনা আৰু জটুৱা ঠাঁচ


প্ৰণৱ ফুকন
নতুন দিল্লী

বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য মহাভাৰত আমাৰ ভাৰতবৰ্ষৰেই অৱদান ৷ এই মহাকাব্য বিভিন্ন প্ৰান্তীয় ভাষাত অনুদিত হৈছে তথা স্থান, কাল ভেদে কিছু কিছু পৰিবৰ্তনো হৈছে ৷ অসমীয়া ভাষাতো এই মহাকাব্য অনুবাদ কৰিবলৈ অনেক কবিয়ে চেষ্টা কৰিছিল ৷ অনন্ত কন্দলিয়ে মহাভাৰতৰ কিয়দাংশ অসমীয়াত ৰচিছিল ৷ কিন্ত সম্পূৰ্ণ মহাভাৰত অসমীয়াত প্ৰথম ৰচনা কৰে ৰাম সৰস্বতীয়ে কোচ ৰজা নৰনাৰায়ণৰ উদ্যোগত ষোড়শ শতিকাৰ শেষৰ ফালে ৷

মহাভাৰতৰ ঘটনা আৰু চৰিত্ৰ ভিত্তিক যোজনাদিৰ সৃষ্টি সৰ্বতিকালে হৈ আহিছে ৷ আমি আজি তেনে গুটিদিয়েক যোজনা আৰু জটুৱা ঠাঁচৰ ওপৰত ৰেখাপাত কৰিবলৈ চেষ্টা কৰিম ৷ এই যোজনাদি মহাভাৰতৰ ঘটনাক্ৰমে সজাবলৈও চেষ্টা কৰা হৈছে ৷

(১)  অটল শপত লোৱা:
"ভীষ্ম প্ৰতিজ্ঞা"

ৰজা শান্তনুৱে নিষাদ পুত্ৰী সত্যবতীক বিবাহ কৰিব খোজাত নিষাদে চৰ্ত ৰাখিলে যে তেওঁৰ পুত্ৰীৰ গৰ্ভত জন্মা পুত্ৰহে ৰাজপাটত বহিব ৷ ৰজা বিমৰ্ষ মনে ঘূৰি আহিল যদিও ভিতৰে ভিতৰে চটফটাই ৰুগীয়া হ’ল ৷ তেতিয়া পুত্ৰ দেৱব্ৰতই নিষাদৰ কাষলৈ গৈ প্ৰতিজ্ঞা কৰিলে যে তেওঁ কোনোদিনে ৰাজপাটত নবহে আৰু তেওঁৰ সন্তানো যাতে ৰজা হ'ব নোৱাৰে তাৰ বাবে কেতিয়াও বিয়া নকৰাই ৷ এনে অটল প্ৰতিজ্ঞা লোৱাৰ বাবেই তেওঁৰ নাম ভীষ্ম হয় ৷ ভীষ্ম মানে ভীষণ ৷ এতিয়াও কোনোৱে দৃঢ় ভাৱে প্ৰতিজ্ঞা কৰিলে তাক ভীষ্ম প্ৰতিজ্ঞা বোলা হয় ৷

(২) ততালিকে মীমাংসা নকৰিলে সৰু কথাই বিষম ৰূপ ধৰে:
“ফিৰিঙতিৰ পৰাই খাণ্ডৱদাহ”

হোমাগ্নিত বিসৰ্জিত দ্ৰৱ্যৰ ভক্ষণৰ ফলত অগ্নিদেৱতাৰ অৰুচি হোৱাত ব্ৰহ্মাই উপায় দিয়ে যে খাণ্ডৱ বনৰ পশু-পক্ষী খাইহে সেই অৰুচি যাব ৷ ইফালে অৰ্ধ ৰাজ্য লাভৰ পাছত যেতিয়া পাণ্ডৱসকলে ৰাজধানীৰ বাবে ঠাই বিচাৰিছিল তেতিয়া শ্ৰীকৃষ্ণই যমুনা নদীৰ পশ্চিমে থকা খাণ্ডৱ বন দেখুৱাই দিয়ে ৷ এই বন আছিল তক্ষক নাগসকলৰ বসতিস্থল আৰু তাৰ ৰক্ষক আছিল স্বয়ং ইন্দ্ৰদেৱ ৷ গতিকে অৰ্জুন আৰু ইন্দ্ৰৰ মাজত ৰণৰ সৃষ্টি হয় যত অনেক আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ হৈছিল ৷ তাৰে এটা ফিৰিঙতি বনৰ শুকান ডাল-পাতত পৰাত জুই জ্বলি উঠে ৷ এই জুই বিয়পি সমগ্ৰ খাণ্ডৱ বন দাহ কৰে আৰু তাৰ জীৱ-জন্তু সকলো জাহ যায় ৷ ফলত অগ্নিদেৱো সন্তুষ্ট হয় ৷ পাণ্ডৱে তাতে ৰাজধানী সাজি নাম থয় ইন্দ্ৰপ্ৰস্থ ৷ অৰ্থৎ এটা সৰু কথা লগেলগে মিমাংসা নকৰিলে তাৰ পৰা ভুল বুজাবুজিৰ সৃষ্টি হৈ দুজন ব্যক্তি অথবা দুটা পক্ষৰ মাজত শত্ৰুতা বাঢ়ি যায় ৷ সেয়ে তৰ্ক-বিতৰ্ক, মতানৈক্য আলোচনাৰ যোগেদি মীমাংসা কৰি ভৱিষ্যতে কোনো ডাঙৰ বিপদ হোৱাৰ বাট বন্ধ কৰিব লাগে ৷

(৩) ছলনাৰ সহায়ক হোৱা:
"শিখণ্ডি লগা"

কুৰুক্ষেত্ৰ ৰণত অৰ্জুনে শিখণ্ডিৰ আঁৰ লৈ ভীষ্মলৈ শৰ মাৰিছিল। শিখণ্ডি নপুংসক দেখি ভীষ্মই  তেওঁলৈ ঘূৰাই শৰ নেমাৰিলে। সেই অচিলাতে অৰ্জুনে ভীষ্মক শৰেৰে থকা-সৰকা কৰিলে। সেয়ে লোকৰ কূট বুদ্ধিৰ সহায়ক হোৱা, লোকৰ ছলনাৰ সহায়ক হোৱাৰ ক্ষেত্ৰত এই খণ্ডবাক্য প্ৰয়োগ কৰা হয় ৷

(৪) কৌশলেৰে আসৈ মাতি বিপথে নিয়া:
"অশ্বত্থামা হত
কিন্তু ইতি গজ"

কুৰুক্ষেত্ৰ মহাযুদ্ধৰ দশম দিনা সেনাধ্যক্ষ ভীষ্ম পিতামহ শৰাশায়ী হোৱাত গুৰু দ্ৰোণাচাৰ্যই সেই মহাভাৰ লৈ পাঁচ দিন অপৰাজেয় বীৰত্বৰে যুঁজ দিয়ে ৷ যুদ্ধৰ পোন্ধৰ দিনৰ দিনা ভীমে অশ্বত্থামা নামৰ হাতী এটা বধ কৰিলে। দৈৱক্ৰমে দ্ৰোণাচাৰ্যৰ মৰমৰ বীৰ পুত্ৰৰ নামও আছিল অশ্বত্থামা । এই সুযোগতে  কৃষ্ণই সত্যবাদী যুধিষ্ঠিৰৰ মুখে কোৱালে- অশ্বত্থামা হত, অৰ্থাৎ অশ্বত্থামা মৰিল; হঠাৎ যুদ্ধ থলীত কোৰ্হাল হ'ল, তাৰ মাজতে যুধিষ্ঠিৰক কৃষ্ণই সৰুকৈ কোৱালে - কিন্ত ইতি গজ; অৰ্থাৎ ই এটা হাতীহে! ইফালে পুত্ৰ নিধন হোৱা বুলি ভাৱি দ্ৰোণাচাৰ্যই অস্ত্ৰ-শস্ত্ৰ দলিয়াই ধ্যান মগ্ন হৈ ৰ'ল। এই সুযোগতে ধৃষ্টদ্যুম্নই দ্ৰোণাচাৰ্যক নিধন কৰিলে। ইয়াৰ অৰ্থ হ'ল আসৈ মাতি মানুহক বিপথে পৰিচালনা কৰিব বিচৰা।

(৫) নিস্বাৰ্থ ভাৱে দান কৰোঁতা:
"দাতা কৰ্ণ ওলোৱা"

মহাৰথী কৰ্ণ এজন অদ্বিতীয় বীৰৰ উপৰিও মহান দানবীৰ আছিল। তেওঁ 'কবচ কুণ্ডল' পিন্ধিয়েই জন্মগ্ৰহণ কৰিছিল। এবাৰ শ্ৰীকৃষ্ণই ব্ৰাহ্মণৰ বেশত আহি কৰ্ণৰ পুত্ৰ 'বৃষকেতু'ৰ প্ৰাণ বিচৰাত কৰ্ণই নিজ পুত্ৰকো বলি দান দিছিল (পাছত অৱশ্যে শ্ৰীকৃষ্ণই বৃষকেতুক পুনৰ্জীৱন দান কৰিছিল) ৷ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত দেৱৰাজ ইন্দ্ৰই ব্ৰাহ্মণৰ বেশত আহি তেওঁৰ কৱচ কুণ্ডল বিচৰাত কৰ্ণই নিজৰ বিপদৰ কথা জানিও অকাতৰে সেই কৱচ কুণ্ডল দান কৰে। সেই কাৰণে সকলোৱে তেওঁক দাতাকৰ্ণ বুলি কৈছিল। এতেকে, নিজ স্বাৰ্থ ত্যাগ কৰি অকাতৰে দান দিয়াজনক দাতাকৰ্ণ বুলি কোৱা হয়।


পৃষ্ঠাঃ ৭

(৬) শ্ৰীকৃষ্ণৰ অপাৰ মহিমা - দুষ্টক ছলনা, সন্তক সতবুদ্ধি ৷
"দুৰ্যোধনে কি বুজিব কৃষ্ণৰ ছলনা"

কুৰুক্ষেত্ৰৰ যুদ্ধত ভীষ্ম, দ্ৰোণাচাৰ্য্যকে আদি কৰি কৌৰৱৰ সেনাপতিসকল আৰু কৌৰৱৰ নিৰাণ্ণবৈ ভাতৃ ৰণত নিপাত যোৱাৰ পাছতো অহংকাৰী দুৰ্যোধনে পাণ্ডৱৰ লগত সন্মুখ সমৰত লিপ্ত হ'বলৈ ককাঁলত টঙালি বান্ধিলে আৰু আশীৰ্বাদ লবলৈ মাক গান্ধাৰীৰ ওচৰলৈ গ'ল। গান্ধাৰীয়ে ক'লে- "মই তোমাক আশীৰ্বাদ নিদি শৰীৰত এনে এটা কৱচ পিন্ধাই দিম যে কোনো অস্ত্ৰই তোমাৰ মৃত্যু ঘটাব নোৱাৰিব। তুমি গঙ্গা স্নান কৰি সম্পূৰ্ণ উলঙ্গ অৱস্থাৰে মোৰ ওচৰলৈ আহিবা ৷" দুৰ্যোধনে মাতৃৰ আদেশ শিৰোধাৰ্য্য কৰি গঙ্গাত স্নান কৰি উলঙ্গ হৈ মাকৰ ওচৰলৈ অহা দেখি কৃষ্ণই ছলনা কৰি দুৰ্যোধনৰ বাট আগচি ক'লে -"এজন পূৰ্ণবয়স্ক পুৰুষ নিজৰ মাতৃৰ সন্মুখত সম্পূৰ্ণ উলঙ্গ হৈ দেখা দিয়াটো কিমান লজ্জাজনক কথা হ'ব ভাবি চোৱাচোঁন।" কৃষ্ণৰ কথাত লাজ পাই দুৰ্যোধনে এখিলা কলপাত ককালত মেৰিয়াই লৈ গান্ধাৰীৰ ওচৰত উপস্থিত হ'লগৈ। গান্ধাৰীয়ে নিজৰ তপস্যা, ভক্তি তথা সতীত্বৰ শক্তি চকুযুৰিত নিবদ্ধ কৰিলে আৰু বিয়াৰ পিছতে বান্ধি লোৱা চকুৰ পটি খুলি দিয়াত এচাটি উজ্জ্বল জ্যোতিৰে দুৰ্যোধনৰ দেহটো এফালৰ পৰা লৌহকঠিন কৰি গ'ল। কিন্তু, কঁকালত কলপাত পিন্ধি থকা বাবে সেই জ্যোতিয়ে দুৰ্যোধনৰ কঁকাল অংশ পৰশিব নোৱাৰিলে। হতভম্ব হৈ চাই ৰ'ল গান্ধাৰীয়ে। ইতিমধ্যে গান্ধাৰীৰ চকুৰ শক্তি শেষ হৈ গৈছিল। গান্ধাৰীয়ে হতাশাৰে দুৰ্যোধনক কলে-" তোমাক মই অভিশাপ নিদিওঁ, কিন্তু এই কথা নিশ্চিত যে যথা ধৰ্ম্ম তথা জয়।" ইয়াৰ পিছত ৰণস্থলীত দুৰ্যোধনক ভীমে উৰু ভঙ্গ কৰি বধ কৰে ৷ কৃষ্ণই ছলনা নকৰা হ'লে হয়তো কুৰুক্ষেত্ৰ যুদ্ধৰ ইতিহাসেই সলনি হ'লহেঁতেন। এনে সময়োপযোগী ছলনা বুজাবলৈ যোজনাটো ব্যৱহাৰ কৰা হয় ।

(৭) যোগ্যতা অৰ্জন কৰিহে কঠিন কামত হাত দিব লাগে:
"ভীমৰ গদা ঘুৰাবলৈ হ'লে ভীমৰ বল অৰ্জন কৰি ল'ব লাগে"

মহাবলী ভীমৰ গদাটোও ভীমৰ শৰীৰৰ ওজন অনুপাতে গধুৰ। তেনে গদা আনে ঘূৰাবলৈ হ'লে ভীমৰ দৰে শাৰীৰিক শক্তিৰ অধিকাৰী হ'ব লাগিব। অৰ্থাৎ কোনো কাম কৰিবলৈ হ'লে প্ৰথমে সেই কাম কৰাৰ যোগ্যতা আৰু সামৰ্থ্য অৰ্জন কৰিব লাগিব।

(৮) বাহিৰত এটা, অন্তৰত এটা:
"ধৃতৰাষ্ট্ৰ ৰজাৰ মই নুবুজিলো চিৎ, ভিতৰে কালকূট্ বাহিৰে অমৃত"
(চিৎ=চিত্ত, কালকূট্=বিষ)

কুৰুক্ষেত্ৰ ৰণৰ পাছত ধৃতৰাষ্ট্ৰই মৰম কৰিব বুলি ভীমক ওচৰলৈ আহিবলৈ কৈছিল ৷ তেতিয়া ভীমৰ সলনি লৌহ মূৰ্তি এটা আগুৱাই দিলত, অন্ধ ধৃতৰাষ্ট্ৰই তেওঁৰ এশ পুতেকক মৰাৰ আখেজত ভীম বুলি মূৰ্তিটোকে চুৰ্ণ- বিচুৰ্ণ কৰি পেলালে৷ মুখত মৰম দেখুৱাই অন্তৰত শত্ৰুতা পোষণ কৰা বুজাবলৈ এই যোজনা ব্যৱহৃত হয় ৷

(৯) সময়ৰ সোঁতত মহাপৰাক্ৰমী জনো দুৰ্বল হৈ পৰে:
"সেই শৰ, সেই ধনু, সেই ধনঞ্জয়
তথাপি গুৱালৰ ছাল নিবিন্ধয়"

শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত ধনুৰ্ধৰ অৰ্জুন দুৰ্বল হৈ পৰে। সেয়েহে অৰ্জুনৰ শৰে সাধাৰণ গুৱাল এজনকো পৰাস্ত কৰিব নোৱাৰা হ'ল। অৰ্থাৎ সময়ৰ পৰিবৰ্তনৰ ফলত এসময়ৰ ক্ষমতাশালীজনো দুৰ্বল হৈ পৰে।

(১০) অকৃতজ্ঞ:
"কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গোৱা"

অন্নদাতাৰ ওচৰত সদায় কৃতজ্ঞ হ'ব লাগে ৷ তাৰ বিপৰীত কৰি কৃতঘ্নতা দেখুৱালে এইফাঁকি বচন প্ৰয়োগ কৰা হয় ৷ ইয়াৰ সমাৰ্থক হ'ল:
ৰাৱণৰ খাই ৰামৰ গীত গোৱা
বা
ৰামৰ খাই ৰাৱণৰ গুণ গোৱা
যিদৰে ৰামায়ণী প্ৰবাদ, যোজনা আদিয়ে আমাৰ সমাজক প্ৰভাৱিত কৰি আহিছে, সেইদৰে মহাভাৰতীয় যোজনা, খণ্ডবাক্য আদিয়েও আমাক বিভিন্ন দিশত দিক নিৰ্ণায়ক ৰূপে কৰ্তব্যৰ জ্ঞান দি আহিছে ৷ দুয়োখন মহাকাব্য ঋষিসকলৰ অভিজ্ঞতাপুষ্ট; চৰিত্ৰৰ বিশ্লেষণ, ঘটনাৰ পুংখানুপুংখ বিৱৰণ আদিয়ে দুয়োখনকে ভাৰতীয় সমাজত সৰ্বদা সৰ্বোচ্চ স্থান দিছে ৷ অসমীয়া ভাষাত দুয়োখন মহাকাব্যৰ সাৱলীল  ভাঙনি তথা প্ৰান্তীয় ৰূপ প্ৰদানৰ ফলত জনসাধাৰণৰ বাবে সহজবোধ্য হৈ পৰে ৷ মহাকাব্য ভিত্তিক যোজনা, বচন আদি আৰু দুয়োখন মহাকাব্যৰ অনুবাদিত ৰূপে পৰস্পৰ সহায়ক হৈ অসমীয়া ভাষাৰ উন্নতিৰ অনুঘটক হিচাপে প্ৰকাশ পাইছে ৷ ◼️



পৃষ্ঠাঃ ৮
প্ৰৱন্ধঃ

দেৱী পূজাৰ তাৎপৰ্য 

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও

স্নিগ্ধ শীতল, আকলোৱা শৰতে আনে উৎসৱৰ বতৰা । দূখ হৰণকাৰিণী, ঐশ্বৰ্য্য বিভূতি দাত্ৰী দেৱী দূৰ্গাৰ বন্দনাকৰি শীতকালত পালন কৰা হয় দুৰ্গোৎসৱ।দুৰ্গোৎসৱৰ মহত্ব হ'ল অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় । আখ্যান মতে অসুৰৰ ৰজা মহিষাসুৰে প্ৰজাপতি ব্ৰহ্মাক আৰাধনা কৰি অমৰত্ব লাভ কৰিছিল । ব্ৰহ্মাৰ বৰত বলীয়ান হৈ মহিষাসুৰে স্বৰ্গৰ পৰা দেৱতা সকলক খেদি পঠিয়াই ত্ৰিভুবন অধিকাৰ কৰিছিল । পৃথিৱীত মহিষাসুৰৰ উদ্ভণ্ডালি বিনাশ কৰিবলৈ শক্তিৰূপিনী দেৱী দূৰ্গাৰ আৱিৰ্ভাব ঘটিছিল বুলি কোৱা হয় । ৰামচন্দ্ৰই এই দেৱী দুৰ্গাকে আৱাহন কৰিছিল অত্যাচাৰী ৰাৱণক নিঃশেষ কৰাৰ অৰ্থে । তেওঁ আপদকালীন ভাবে দেৱী দূৰ্গাক আহ্বান জনোৱা বাবেই এই শাৰদীয় দুৰ্গোৎসৱৰ অন্য এক নাম অকালবোধন । অসুৰ ৰূপী আসুৰী শক্তিক বিনাশ কৰি জগতত শান্তি স্থাপনৰ বাবে মহামায়া আৱিৰ্ভাব হৈছিল দূৰ্গা, কালী, চণ্ডিকা, অম্বিকা আদি বিভিন্ন ৰূপত । মহামায়াৰ সুপ্ত শক্তিক জাগ্ৰত কৰি লোৱাৰ প্ৰচেষ্টাই হৈছে শক্তি পূজা । দূৰ্গাপূজাৰ প্ৰথম দিনা বেলবোধন কৰি অৰ্থাৎ ষষ্ঠী তিথিত যথাবিহিত পূজাৰে সৈতে দেৱীৰ স্থিতি আৰোপ কৰি পূজা মণ্ডপত স্থাপন কৰা হয়। সপ্তমী তিথিত নৱপত্ৰিকাৰ মাজত দেৱীৰ শক্তি আৰোপ কৰি দেৱী দূৰ্গাৰ নটা শক্তি একেলগ কৰা হয় । সপ্তমী তিথিত মহাকালী, অষ্টমী তিথিত মহালক্ষ্মী আৰু নৱমী তিথিত সৰস্বতী ৰূপত দেৱীক পূজা কৰা হয় । দশমীৰ দিনা দেৱীক অপৰাজিতা (সৰ্বজয়শীল ) হিচাপে পূজা কৰা হয়। মহাকালী, মহালক্ষ্মী আৰু মহাসৰস্বতী এই তিনিও একত্ৰিত শক্তি হৈছে অপৰাজিতা শক্তি ।অপৰাজিতা ফুলক এই শক্তিৰ আশ্ৰয় ৰূপে বিশ্বাস কৰি অপৰাজিতা ফুলৰ গছ পূজাত ব্যৱহাৰ কৰা হয় । মহিষমৰ্দিনী দেৱীৰ তিনিটা ৰূপেই শক্তিৰ পৰিচায়ক । দূৰ্গা পূজা মানেই দুৰ্গতি নাশিনী ধৰ্ম আৰু ন্যায়ৰ প্ৰতীকৰ পূজা কৰা আৰু মহিষাসুৰ ৰূপী অধৰ্ম -অন্যায়ক নিৰ্মূলকৰণ কাৰ্য । দেৱী পূজাই প্ৰকৃতি আৰু নাৰীক বন্দনা কৰি জগতক অপশক্তিৰ পৰা ৰক্ষা কৰিবলৈ শক্তি দিয়ে । 

মাতৃ পূজাৰে অভিন্ন দূৰ্গা পূজা । কিয়নো নাৰী ৰূপেই মাতৃৰূপ । বৰ্তমান নাৰীৰ তিনিটা ৰূপেই (বালিকা, যুৱতী, মাতৃ  )পূজিতা, বন্দিতা নহয় । প্ৰতি ক্ষেত্ৰতে নাৰীক উৎপীড়িত কৰি অহা হৈছে ।নাৰী সকল কোনো স্থানতেই সুৰক্ষিত নহয় । মহিষাসুৰ ৰূপী পুৰুষ সকলে (সকলো নহয়) নাৰীৰ মৰ্য্যদা হানি কৰি আছে ।এনে মহিষাসুৰক বিনাশ কৰিবলৈ নাৰীৰ শক্তি আছে, কেৱল জাগ্ৰত কৰি তুলিব লাগিব ।তাৰ বাবে লাগিব নাৰী সকলৰ প্ৰয়োজনীয় শিক্ষা, বৈজ্ঞানিক মানসিকতা আৰু উদাৰ দৃষ্টিভংগী । অফুৰন্ত মানসিক শক্তিৰ গৰাকী নাৰী সকল। আজি নাৰী পুৰুষৰ সমানেই সকলো কামতে পাৰ্গত হৈ উঠিছে। তেনে ক্ষেত্ৰত নাৰী সকলক অৱলা বুলি কোৱাটো বা নাৰী সকলে নিজেই ভবাটো ভুল। নাৰী সকল জাগ্ৰত হওক । নাৰীয়ে সমাজত নিজৰ অধিকাৰ পাওক। পুৰুষ প্ৰধান সমাজত নাৰী পুৰুষ সকলো সমান হওক। সমাজত নাৰীয়ে মূৰ তুলি জীয়াই থকাৰ অধিকাৰ পাওক। এই দেৱী পূজাৰ আধ্যাত্মিকতাই যেন নাৰী জাতিৰ প্ৰতি সকলোৰে সন্মানৰ ভাব জগাই তুলি নাৰী সকলক শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ পৰা মুক্তি দিয়াৰ সুমতি প্ৰদান কৰে।


পৃষ্ঠাঃ ৯

প্ৰৱন্ধঃ

মনুষ্যত্ব জ্ঞান থকাটো জৰুৰী


শুভালক্ষ্মী নাথ
শ্বহীদ মণিৰাম দেৱান কলেজ চাৰিং
তেলিয়াল গাওঁ .চাৰিং ,শিৱসাগৰ

এইখন সমাজত মনুষ্যসকলৰ মনুষ্যত্ব জ্ঞান যিদৰে থাকিব লাগিছিল সেই দৰে জ্ঞান আছেনে নাই মনলৈ ভাৱ হয় ৷ কাৰণ উচ্চ শিক্ষাৰে শিক্ষিত হৈ মানৱ জাতিৰে যি ধৰণে আজি আগবাঢ়ি যাব লাগিছিল সেই দৰে আগবাঢ়ি যাব পৰা নাই যেন বোধ হয় ৷উচ্চ শিক্ষাৰে শিক্ষিত হৈ আজি মানৱৰ যিমান জ্ঞানৰ প্ৰয়োজন আছিল আজি সেই জ্ঞানৰ পৰা মানৱ জাতি বঞ্চিত নেকি বাৰে বাৰে মনত প্ৰশ্ন হয় ৷ কাৰণ উচ্চ শিক্ষাৰে শিক্ষিত মানৱ সমাজৰ মাজত এনে কিছু কিছু ঘটনা ঘটা দেখিবলৈ পাইছো এইবোৰলৈ চায় এইখনেই নকি শিক্ষিত সমাজ৷ কি নঘটে, কি ঘটা নাই,কি ঘটিবলৈ বাকী আছে  এইখন সমাজত ৷ আমাৰ সমাজত  ঘটি থকা বহুত ঘটনা  আছে ইয়াৰ মাজৰে চমুকৈ অকণমান দাঙি ধৰিছো ৷প্ৰথমে ক'ব লাগিব যি গৰাকী আই দ্বাৰা পৃথিৱী দেখিবলৈ পাওঁ৷ সেই গৰাকী আইক প্ৰকৃততে সাহসী নাৰী বুলি ক'ব পাৰি ৷ সেই ক'ত গৰাকী আই আজি সন্তানৰ ককথনা,নিযাতনৰ বলি হয়৷ পিতৃকো হাত -ভৰিত শিকলি লগাই আজি সন্তানে এনেদৰে পিতৃ -মাতৃক না না শাস্তি বিহি অহা দেখা গৈছে ৷এওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দি সেই পিতৃ -মাতৃৰে বাটে বাটে ঘূৰি ফুৰিব লগা হয় ৷ আৰু সেই সকল পিতৃ-মাতৃৰে বৃদ্ধাআশ্ৰমৰ কাষ চাপিব লগা হয়৷
    কিন্তু আমি যদি বৃদ্ধাআশ্ৰমলৈ যাওঁ ক'ত গৰাকী  পিতৃ-মাতৃ সু-সন্তান সকলৰ কাৰু -কায্ বিলাক বুজিব পাৰিম৷ কোনো হৈছে তেওঁলোকৰ সন্তানৰ পৰা অত্যাচাৰ ,আৰু বোৱাৰী পৰা অত্যাচাৰ ৷ ক'ত গৰাকী পিতৃ-মাতৃ  আজি না-না ভাগে অত্যাচাৰৰ বলি ৷
  অকল সেইয়াই নহয় নিজৰ ভগ্নীস্বৰূপ ভগ্নীৰে আজি নিযা্তন ধষণ ইত্যাদি বোৰৰ বলি হৈ হাজাৰ জনী ভগ্নীৰে প্ৰাণ দিছে ৷হাজাৰ জনী ভগ্নীৰ জীৱন ধ্বংস হৈ আহিছে৷ কিন্তু সকলোৰে চাইছে ৷T.V বাতৰিত কোন দিনানো নথকাকৈ থাকে নাৰী জনিত এনে এটা বাতৰি ৷ বাতৰিত উলাইছে সকলোৱে জানিছে ৷ সেই ভগ্নী সকলৰ জীৱন ধ্বংস কৰা দোষী কিন্তু ক'ৰবাদ আৰক্ষীয়ে কৰায়ত্ত কৰিছে ক'ৰবাদ কৰায়ত্ত কৰিব পৰা নাই ৷ সেই দোষীয়ে শাস্তি হিচাপে কি পাইছে ৷ কিন্তু এনে ঘটনা কমা   নাই ৷ অসমত নাৰীজনিত কাৰণেই সকলোতকৈ বেছি ৷ নাৰীজনিত কাৰণ যিমান লুপ্ত হ'ব লাগিছিল সিমান লুপ্ত হোৱা নাই৷ ইয়াৰ দ্বাৰাই বুজিব পাৰি চৰকাৰখন কিমান শক্তিশালি ৷
 আনদেশত এনে দোষীক যদি ফাঁচি দিব পাৰে ,আমাৰ এই চৰকাৰ খনে কিয় নোৱাৰে,প্ৰশ্ন হয় ?নাৰী জনিত ঘটনা সমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰণ কি ?
 সকলো সমস্যা অকল চৰকাৰেও কৰিব নোৱাৰে ৷চৰকাৰৰ ফালে সমস্যাবোৰ ঠেলি  দিলেও নহ'ব ৷ইয়াত সকলোৱে কৰণীয় আছে ৷ কিছু কিছু  সমস্যাৰ ক্ষেত্ৰত চৰকাৰখনেও অংশীদাৰ লোৱাটোও জৰুৰী ৷ 
 বাৰু, যি কি নহওক আমি শিক্ষিত মানুহ হিচাপে কিছুমান কায্ এই শিক্ষিত সমাজ খনত যে শুভা নেপায় এই কথা চিন্তা কৰিব হ'ল ৷ যেতিয়া আদিম মানুহ আছিল সেই মানুহবোৰ অসভ্য আছিল লাজ চিনি নেপাইছিল, নাজানিছিল ৷ জ্ঞানৰ পোহৰ ঠিক পৰাই নাছিল ৷ লাহে লাহে মানুহবোৰ শিক্ষিত হ'ল জ্ঞানী হ'ল, লাজ ঢাকিব জনা হ'ল, সভ্য হ'ল ৷ আৰু এই সভ্য সমাজ খনলৈ চালে এনে লাগে মনুষ্য জাতিত অসভ্য আদিম মানুহৰ প্ৰভাৱ পৰিয়েই আছে নেকি ? নকলেও নোৱাৰি ৷ ক'লেও লাগিব জগৰ ৷ উপায় নাই ৷ 
তিনিটা বান্দৰে দেখুৱাৰ দৰে ,বেয়া কথা নক'বা ,বেয়া বস্তু নেচাবা, বেয়া কথা নুশুনিবা ৷ ঠিক তেনেদৰে বেয়া বস্তু  দেখিও নেদেখা ভাও,বেয়া কথা শুনিও নুশুনা ভাও ৷ এনেদৰে আৰু কিমান দিন ৷ জাগিব সময় হ'ল মানৱ জাতি জাগা ৷ সময়ৰ শৰ সদায় সময়ত মাৰিব লাগে ৷ শিক্ষাৰে শিক্ষিত সমাজখনক কু- কায্ মানৱ জাতিৰ পৰা শিক্ষিত সমাজৰ সন্মান বচাওক ৷ লক্ষ্য থাকিব লাগিব   উঠি  অহা নৱ- প্ৰজন্মৰ আগত এনে কাৰ্যই শুভা নেপায় ৷  এই নৱ-প্ৰজন্মই কি  শিক্ষা  লাভ কৰিব ৷ সেইয়ে কওঁ উঠি অহা নৱ- প্ৰজন্মবোৰ আমাৰ বাবে দেশৰ ভৱিষ্যত ৷ এওঁলোকক ভাল শিক্ষাৰে শিক্ষিত কৰাটো খুবেই জৰুৰী ৷ ভাল শিক্ষাৰেহে ভাল মানুহ, ভাল পৰিৱেশ গঢ় লৈ উঠিব ৷ গতিকে গোটেই মনুষ্য জাতিটো মনুষ্যত্ব জ্ঞান থকাটো জৰুৰী ৷



পৃষ্ঠাঃ ১০
ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন


দুৰ্গেশ্বৰ শইকীয়া
মাজুলী

(যোৱা সংখ্যাৰ পৰা)

(সাত)

আবেলিৰ সময়। সচৰাচৰ বহাৰ দৰে শুকান সূতিৰ দলংখনত সেই দিনাও ল'ৰা হঁতৰ আড্ডাটো বহিছিল। সেই দিনাৰ আড্ডা বেচ গহীন আছিল। ভক্তি দুৱাৰ, চিৰাম দেউৰীৰ উপৰি চুবুৰীয়া ৰাঙলী বাহাৰ গোসাই বাৰী‌, অভয়পুৰীয়াৰ ফালৰ দুটামানো আহিছিল আড্ডা লৈ। ইয়াতে সিহঁতে  প্ৰায়ে সামাজিক কাম-কাজৰো আঁচনি তৈয়াৰ কৰে। সামাজিক কাম কাজত জড়িত অঞ্চলৰ ল'ৰা হঁতৰ ই যেন‌ চালকবিহীন‌ কাৰ্যালয় । সেইদিনাও তাত গোট খাইছিল নগেন , মোহন , ধীৰেন , জীতেন , ৰঘুনাথ , দিগন্ত , মাধৱ , দেৱেন আদি সমাজৰ আগৰণুৱা গোটেই লʼৰামখা । ৰাজনীতি , সমাজনীতি , অঞ্চলৰ উন্নতি আদিয়ে সিহঁতৰ আলোচনাত গুৰুত্ব পায় । কেতিয়াবা আকৌ সাহিত্য চৰ্চা হয় । ৰঘুনাথ , নগেন আৰু মোহনৰ কবিতা , যোগেনৰ দুই এটা গীত আৰু দলঙৰ ৰেলিঙতে ধীৰেনে বজোৱা দ্ৰামচেট আদিয়ে আড্ডা বৰ ৰসাল কৰে । 
         আজিকালি আলোচনাৰ গুৰি ধৰে প্ৰায়ে নগেনে । এম এচ চি পাছ কৰাৰ পাছতে সি অলপ দূৰৰ বেচৰকাৰী কলেজ এখনতে সোমাইছে । ঘৰৰ পৰাই অহা যোৱা কৰে  । বৰ্তমানৰ ৰাজনীতিৰ বিভৎস ৰূপটোৰ কথাকে সিহঁতে পাতি আছিল । এনেতে সচৰাচৰ অহাৰ দৰে ৰজাই আৰু জীপেনো ওলালহি । দূৰৈৰ পৰাই সিহঁতে চিঞৰি আহিল " ঐ হোৱাট দিচকাচিং হাঁ । অʼ টুডে দেখোন গোটেইসোপা কামিং । হোৱাট মেটাৰ হাঁ । ঐ নগেন টবাকু অলপ গিভ । ভাগৰো লাগিছে অʼ । আজি বহুত ওৱৰ্ক দুয়িং । তাৰ সচৰাচৰ কথনভংগীত গোটেইবোৰে হাঁহিবলৈ ধৰিলে ।  যোগেনে ক'লে "তই কিন্তু  ভাল ইংৰাজী অসমীয়াৰ খিচিৰি পগাইছ দেই জীপেন কাই । খিচিৰিটো কিন্তু কিছু মিঠা ।" সিও সমান ৰগৰৰে আকৌ ক'লে "এই টকিং কৰিব লাগে বুইছ ।  ইংলিছটো দুনট তকিং মানুহ দুনট কেয়াৰ ।" আকৌ গিৰ্জনি ভৰা হাঁহি । নগেনে চাদাৰ টেমাটো ৰাজাইলৈ আগবঢ়াই দিলে । হাত পাতি সিও খৈনী পকোৱাত লাগিল ।
        "মাৰ এখুবলি ভালকৈ । কথা চোবাই চোবাই মুখ ফেনাই গ'ল " দিগন্ত মাধৱে ক'লে ।
          ৰজাই এবাৰমান জোকাবৰ মনেৰে আৰু পৰিৱেশটো আৰু পাতল কৰিবৰ কাৰণে দেৱেনেও ক'লে "বনা ৰজাই । তোৰ হাতৰ চাদাৰ চোকটোও ভাল । নুমৈচীয়ে ভালকৈ চুজেটো খুৱাই থাকে যে ।"
        হাতৰ চাদা খিনিত চাপৰ দুটামান মাৰি সিহঁতলৈ আগবঢ়াই দি ৰজায়ে কʼলে "তাকে দেখি তোৰ চাগে বৰ হিংসা লাগে নহয়নে ? দেহি ঐ তইনো এজনী পতাই নলৱ কেলেই ।" তাৰ কথাত সিহঁতে কিৰিলি পাৰি উঠিল । এইবাৰ অলপ গহীন ভাৱত মোহনে এটা প্ৰস্তাৱ আগবঢ়ালে ।
          "ঐ , আমি এটা কাম কৰোহঁক দে । তিনিআলিটোৰ ওচৰতে আমাৰ গাঁৱৰ পুথিভঁৰাল আৰু এল , পি স্কুলখনৰ মাজতে যে ৰূপৰাম বৰদেউতাৰ খালি হৈ থকা মাটিখিনি আছে তাতে অনুষ্ঠান এটা পাতোহঁক । তাত প্ৰতি শনিবাৰৰ পিছবেলা আৰু দেওবাৰে আমাৰ অঞ্চলৰ শিশুহঁতক সাহিত্য , কলা , সংস্কৃতি আদি চৰ্চাৰ ব্যৱস্থা কৰা হওক । বৰদেউতাক খুজিলে ৰাজহুৱা স্বাৰ্থত মাটি টুকুৰা নিশ্চয় দান কৰিব ।"
           তাৰ প্ৰস্তাৱটোৰ ওপৰত সিহঁতে আলোচনা কৰিলে । প্ৰকৃততে মোহনৰ প্ৰস্তাৱটো উত্তম বুলি বিবেচিত হ'ল । "এ গুড আইদিয়া" ।  নগেনে সন্ধিয়ালৈ মাষ্টৰৰ ঘৰলৈ যোৱাটোকে সিদ্ধান্ত কৰিলে । নগেনৰ কথাত সকলোৱে সমৰ্থন জনায় । সেইদিনালৈ সিমানতে সিহঁতৰ আড্ডাৰ সামৰণি পৰে ।
              ..........................
সন্ধিয়া সিহঁত কেউটা লগলাগি ফণী মাষ্টৰৰ ঘৰ পালেগৈ । মাষ্টৰে তেওঁৰ পঢ়া সৰু কোঠাটোত কিবা এটা পঢ়ি আছিল । মাষ্টৰৰ পৰিবাৰ কুসুম বৌৱে সিহঁতক বহিবলৈ দিলে ।
            "কি হে ডেকা ল'ৰাহঁত ? সদলবলে ওলালাহি দেখোন । বহা বহা । ভালেকেইদিন অহা নাই দেখোন হে তোমালোক ।" কৈয়েই বৌৱে সিহঁতক আথে বেথে বহিবলৈ দিলে । "এৰা বৌ আহোঁ বুলিও দেখোন সময়কে উলিয়াব পৰা নাই । ককাইদেউ নাই নেকি ?" নগেনে সুধিলে ।
          "আছে ! নাথাকিনো কলৈ যাব " । বৌৱে ক'লে । পিছে তেওঁক মাতিব লগা নহ‍ʼলেই সিহঁতৰ মাত শুনিয়েই মাষ্টৰ কোঠাৰ পৰা ওলাই আহিল । "কি হে সেনাপতিসকল ? সদলবলে হাজিৰ হৈছাহি দেখোন । নিশ্চয় কিবা ডাঙৰ সকাম যেন পাইছোঁ । কৈ কৈ মাষ্টৰ আহি সিহঁতৰ কাষতে বহিলহি ।


পৃষ্ঠাঃ ১১


        নগেনেই প্ৰথমে আৰম্ভ কৰিলে , " ককাইদেউ ডাঙৰ সকামলৈয়ে আপোনাৰ ওচৰলৈ আহিলো । আমি আজি আবেলি কথা এটা আলোচনা কৰিছিলো । ই মোহনেই ভাল কাম এটাৰ প্ৰস্তাৱ দাঙি ধৰিলে । আমাৰো কথাটো মনঃপুত হ'ল । সেই বিষয়ে আলোচনা কৰিবলৈকে আপোনাৰ ওচৰলৈ আহিলো ।
         " কি কথানো ? কোৱাচোন বাৰু । মাষ্টৰেও সিহঁতৰ কামটোৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে । " ই মানে মোহনে বৰ সুন্দৰ কথা এটা চিন্তা কৰিলে । আমি আমাৰ গাঁৱৰ পুথিভঁৰাল আৰু এল পি স্কুলৰ মাজতে থকা ৰূপৰাম বৰদেউতাৰ খালি হৈ থকা মাটি ডোখৰতে এটা আঞ্চলিক অনুষ্ঠান পাতোঁ । শিশুসকলৰ সৰ্বাংগীন উন্নতিৰ হকে এই অনুষ্ঠানৰ যোগেদি প্ৰতি শনি আৰু দেওঁবাৰে শিশুসকলৰ শিক্ষা , সাহিত্য , কলা-সংস্কৃতি চৰ্চাৰ ব্যৱস্থা কৰি অঞ্চলৰ উঠি অহা চামৰ উন্নতিৰ বাবে কিবা এটা কৰোহঁক ।" নগেনে ক'লে ।
         মাষ্টৰে সিহঁতৰ আচঁনিটোৰ কথা শুনি ভাল পালে । অলপ চিন্তা কৰি তেওঁ কʼলে "সঁচাকৈয়ে তোমালোক যদি অন্তঃকৰণেৰে এনে এটা কথা ভাবিছা বৰ ভাল হʼব । আমাৰ মোহনে সঁচাই ভাল চিন্তা কিছুমান কৰে দেই । নহয়নে বাৰু ?" সিহঁতে শলাগিলে ।
         ইতিমধ্যে মাষ্টৰণী বৌৱে চাহ লৈ সিহঁতৰ ওচৰত ৰʼলহি । ভিতৰৰ পৰা আলোচনাটো তেৱোঁ শুনি আছিল । টেবুলত চাহৰ ট্ৰেখন থৈ তেৱোঁ সিহঁতক চাহ খাবলৈ দি উৎসাহৰ পুৰণি কৈ উঠিল, "মই এওঁলোক আহোঁতেই জানিছিলো । কিবা এটা মহৎ কামৰ চিন্তা কৰিয়েই আহিছে । ভাল হʼব বুজিছা । বৰ ভাল হʼব । তোমালোক ডেকাসকলেই নকৰিলে সমাজৰ হকে , অঞ্চলটোৰ হকে কোনে চিন্তা কৰিব ? ভাল হৈছে । পিছে এতিয়া আমাৰ বুঢ়া ডেকা জনকো বিশ বছৰীয়া কৰিবা যেন পাইছো । এওঁৰ এনেয়ে ঠেং এটা দাং খায়ে থাকে । তোমালোকৰ লগ পালে আকৌ এওঁৰো কোৱটো চৰি ষোল বছৰীয়া পিলিঙাটি হয় নহয় ।"
         "হেৰা , ভাল কাম কৰিবলৈ বুঢ়াও ডেকা হʼব লাগে বুজিছা । আৰু মোৰনো বয়স হৈছে কিমান ? ৪৫ বছৰত ভৰি দিছোঁহে । হেঃ  তোমালোকৰ দৰে কুৰিতে বুঢ়ী হোৱা তিৰোতা মইতো নহয় ।" মাষ্টৰে অলপ ৰগৰ কৰিলে । সিহঁত আটাইয়ে পতি- পত্নীৰ ৰগৰত আমোদ পাই এজাউৰি হাঁহিলে । চাহ খাই থাঁকোতে কামৰ কথাও আলোচনা হ'ল । মাষ্টৰেই দিহা দিলে তেনেহ'লে কালিলৈকে ৰূপৰাম বায়নৰ পৰা মাটি টুকুৰা বিচৰা হওক । সিহঁতেও শলাগিলে ।
         "মোৰ বিশ্বাস ,বায়ন দাইটিয়ে ৰাজহুৱা কামৰ বাবে দিবই মাটিকণ । এই সপ্তাহৰ ভিতৰতে কাঠ , বাঁহ ,খেল তুলি ঘৰৰ কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰিব লাগিব ।" মাষ্টৰৰ কথামতে শেষত সিদ্ধান্ত কৰা হ'ল ।
        অলপ ৰৈ মাষ্টৰেই আকৌ ক'লে " পিছে কথা এটা নহয় ল'ৰাহঁত । অনুষ্ঠানটোৰ নামকৰণ সম্পৰ্কে কিবা চিন্তা কৰিছা নেকি ? " 
        হয়টো কথাটো । সিহঁতে সেই বিষয়ে ভৱাই নাছিল । পুনৰ এই বিষয়ত আলোচনা হʼল । শেষত সৰ্ব সন্মত ভাৱে নামকৰণো কৰা হʼল । অনুষ্ঠানটোৰ নাম হʼব " প্ৰগতি শিশু উন্নয়ন কেন্দ্ৰ " । নগেনৰ নেতৃত্বত এখন সংবিধান আৰু কামৰ খচৰা প্ৰস্তুত কৰাৰো সিদ্ধান্ত হৈ গʼল । আলোচনাৰ অন্তত মাষ্টৰণীৰ পৰা বিদায় লৈ সিহঁত ঘৰা ঘৰি যাবৰ বাবে উঠিল ।
        মাষ্টৰৰ চোতালত তেতিয়া এজাক জোনাকে পোহৰ ছতিয়াইছিলহি । ফৰকাল আকাশ খনে পিছ দিনাৰ সুন্দৰ পুৱাৰ আগজাননী দিছিল ।

(আগলৈ)



পৃষ্ঠাঃ ১২

ধাৰাবাহিক উপন্যাসঃ

অনুতপ্ত


বৃষ্টি বৰুৱা

(অন্তিম ভাগ)

১৩

-ৰিতিস্মিতা বৰুৱা, আপোনাক পেশ্যেন্টে বিচাৰিছে... আপুনি মোৰ লগত এতিয়াই যাব লাগিব?

-কোনজন পেশ্যেন্ট ? ৰিতিৰ মাকে সুধিলে।

-মিঃ অনুজ বৰা....
    অনুজৰ নাম শুনাৰ লগে লগেই ৰিতিয়ে ডাঙৰ ডাঙৰ চকুৰে এবাৰ নাৰ্ছ গৰাকী আৰু এবাৰ মাকলৈ চালে। তাইৰ চকুৰ চাৱনিৰ ভাষা বুজিব পাৰি মাকে চকুৰ ইংগিতিৰেই তাইক যাবলৈ অনুমতি দিলে। মাকৰ সঁহাৰি পাই তাই বিছনাৰ পৰা নামি আহিল আৰু নাৰ্ছ গৰাকীৰ পিছে পিছে লাহে লাহে ক'ৰিডৰৰ মাজেৰে OT লৈ খোজ দিলে। তাই দেখিলে, ক'ৰিডৰৰ কাষৰ ফালে ৰখা বেঞ্চতে ক্ৰমে সিদ্ধান্তৰ মাক-দেউতাক আৰু অনুজৰ মাক- দেউতাক কান্দি কান্দি বহি আছে। অনুজৰ অপাৰেশ্যন চলি থকা OT ৰ বাহিৰত দুজন পুলিচ বিষয়াই কিবা আলোচনা কৰি আছে।
তাইক দেখাৰ লগে লগে যেন অনুজৰ মাক-দেউতাক ব্যাকুল হৈ উঠিল। বিষাদ আৰু নিজৰ পুত্ৰক হেৰুৱাই পেলাব বুলি থকা ভয়ে  তেওঁলোকৰ যে অন্তৰখন দহি নিছে, সেয়া তেওঁলোকৰ চকুলৈ চালেই ধৰিব পাৰি। এই চকুৰ ভাষা ৰিতিৰ চিনাকি। তাইৰ এক্সিডেন্টৰ পিছত  নিজৰ মাক-দেউতাকৰ চকুতেই তাই এই চাৱনিৰ লগত পৰিচয় হৈছিল। অনুজৰ মাক-দেউতাকক দেখাৰ লগে লগে তাই আপোনা আপুনি ঠাইতে ৰৈ দিলে। ইফালে পিছলৈ ঘূৰি চাই ৰিতিক ৰৈ থকা দেখা পাই নাৰ্ছ গৰাকী বিৰক্ত হ'ল। "সোনকাল কৰক, পেশ্যেন্টৰ অৱস্থা একদম ভাল নহয়, দেৰি কৰিলে লগ ধৰিব নোৱাৰিব‌ও পাৰে।" ডাঙৰকৈ কোৱা কথাখিনি ৰিতিৰ লগতে অনুজ আৰু সিদ্ধান্তৰ মাক-দেউতাকেও শুনিলে। জোৰ জোৰকৈ কান্দিব ধৰিলে অনুজৰ মাকে। নাৰ্ছ গৰাকীলৈ বিৰাট খং উঠিল ৰিতিৰ। হ'ল বুলিনো মাকৰ আগতেই এনেকে পুতেকৰ জটিল অৱস্থাৰ কথা ক'ব লাগে নে ! তথাপিও মুখত একো নুফুটাই তাই মনে মনে এইবাৰ OT ৰ ভিতৰলৈ সোমাই গ'ল।
    সকলোৰে অলক্ষিতে অনুজৰ মাকে কান্দি কান্দি ৰিতিলৈ চাই থাকিল। নিজ পুত্ৰৰ জটিল অৱস্থাত তাৰ ওচৰত থাকিবলৈ খুব ইচ্ছা গৈছে তেওঁৰ। কিন্তু অনুজে কেৱল ৰিতিক হে লগ কৰিবলৈ বিচৰাত তেওঁৰ মনটো অলপ বেয়া লাগিছে যদিও ৰিতিলৈ একো বেয়া ভাৱ মনলৈ অহা নাই তেওঁৰ। কাৰণ তেওঁৰ মাতৃ হৃদয়ে , তেওঁৰ পুত্ৰ‌ই যে ৰিতিৰ ওচৰত ক্ষমা খুজিবলৈকে তাইক ওচৰলৈ মাতিছে সেয়া ভালকৈয়ে অনুভৱ কৰিব পাৰিছে তেওঁ। ৰিতিৰ ভাল হ‌ওঁক...মনতে নেদেখাজনলৈ প্ৰাৰ্থনা কৰিলে অনুজৰ মাকে।

এসোপামান মেচিনৰ মাজত বিছনাত কাঠ এডালৰ দৰে শুই আছে অনুজ। মেচিনৰ স্ক্সীণত দেখা পোৱা হৃদস্পন্দনৰ ধীৰ গতিয়ে তাৰ অৱস্থা যে সংকটজনক সেয়া ফুটাই তুলিছে। চুচুকচামাককৈ গৈ ৰিতি অনুজৰ বিছনাৰ ওচৰতে থিয় দিলেগৈ। এবাৰ ভালকৈ ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰিলে তাক তাই। বুকুৰ এফালে বেণ্ডেজ মাৰি থোৱা অংশৰ পৰা বিৰিঙি বিৰিঙি তেজ নিগৰি আছে। হয়তো সেইখিনিতে তাৰ গুলি লাগিছে। ৰিতিহঁতে প্লেনিং কৰামতে অনুজে আক্ৰমণ কৰিবলৈ আহিলে তাৰ ভৰিত বা হাতত গুলিওৱাৰ আদেশ দিছিল মিঃ শৰ্মায়ে নিজৰ টীমৰ মানুহখিনিক। হয়তো সেই কাৰণেই সিদ্ধান্তক আক্ৰমণ কৰাৰ লগে লগে কোনোবা এজন পুলিচ বিষয়াই তাৰ হাতলৈ বুলি গুলি নিক্ষেপ কৰোঁতে সেই গুলি ভুলতে আহি তাৰ বুকুত লাগিল।
     কথাবোৰ ভাৱি  চকু মুদি থকা অনুজক শুই থকা বুলি মাতো নামাতোকৈ থকা ৰিতিৰ হাতত কাৰোবাৰ হাতৰ স্পৰ্শ লগাত সেইফালে ঘূৰি চালে তাই। অনুজে নিজৰ দুৰ্বল হাতেৰে তাইৰ হাতখন ধৰিবলৈ চেষ্টা কৰিছে। ৰিতিয়ে এবাৰ তাৰ মুখলৈ চাই নিজে তাৰ হাতখন সাৱটি ধৰিলে। তাই অনুভৱ কৰিলে অনুজৰ হাতৰ এই স্পৰ্শ যেন সম্পূৰ্ণ নিৰ্ভেজাল। এই স্পৰ্শত নাই কোনো কুটিলতা, নাই কোনো শত্ৰুতা। এই স্পৰ্শ ৰিতিৰ চিনাকি। 

ৰি....তি...     কোনোমতে তাইৰ নামটো উচ্চাৰণ কৰিলে অনুজে। আস্ অনুজৰ মুখেৰে তাইৰ নামটো শুনিবলৈকেতো তাই আগতে ব্যাকুল হৈ পৰিছিল, অথচ এইটো অনুজকে তাই বিশ্বাসঘাটকতাও কৰিছিল। ওফফফ....কিমান যে স্বাৰ্থপৰ হৈ পৰিছিল তাই তেতিয়া...   শোক এটাই খুন্দা মাৰি ধৰিলেহি তাইক। এইবাৰ আৰু তাই নিজকে ৰখাব নোৱাৰিলে। চকুৰে যেন পাৰ ভাঙি বৈ আহিল চকুপানী। 

-ৰি....তি.... মোক, পাৰিলে ক্ষ...মা... কৰি দি...বা...
ম‌ই বৰ ডাঙৰ ভুল কৰিলোঁ.....ক্ষমা ক...ৰি...দি....বা....মো...ক....মাতটো ক্ৰমাৎ নোহোৱা হৈ পৰিল অনুজৰ আৰু ৰিতিৰ দুহাতৰ মাজত থকা তাৰ হাতখনো বিছনাত খহি পৰিল। 

-নাই, নাই অনুজ...অকল তোমাৰ ভুল নাছিল অ'...মোৰো সমানেই ভুল আছিল , মোক ক্ষমা কৰি দিয়া অনুজ...অনুজ শুনিছানে কি কৈছোঁ ? অনুজ.....? ৰিতিয়ে চিঞৰি চিঞৰি অনুজৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। কিন্তু তেতিয়ালৈ তাইৰ মাত শুনিবলৈ অনুজৰ শৰীৰত প্ৰাণ নাছিল। তাৰ আত্মাই ইতিমধ্যেই এই অনন্ত জগতৰ হাজাৰ বিজাৰ আত্মাৰ মাজত বিলীন হৈ গৈছিল। নিজৰ ভুলৰ পৰিণাম দেখি অণুতপ্তৰ অগ্নিত জাহ যাবলৈ আৰম্ভ কৰিছিল ৰিতিয়ে। অনুজৰ হাতখন ধৰি কিমান সময় তাৰ নিথৰ দেহাটোৰ ওচৰত তলমূৰ কৰি পৰি আছিল তাই নাজানে,,, কিন্তু এটা সময়ত তাইৰ পিছফালেৰে কান্ধত থোৱা এখন চিনাকি হাতৰ স্পৰ্শত সেইফালে ঘূৰি চালে তাই। তাইৰ পিছফালে ৰৈ আছিল এক সম্ভাৱনা...ৰৈ যোৱা জীৱনটোৰ খলা-বমা খিনি অতিক্ৰম কৰি এক মসৃণ আৰু গতিশীল জীৱনৰ আৰম্ভনি কৰাৰ সম্ভাৱনা। 'সিদ্ধান্ত'.....



পৃষ্ঠাঃ ১৩


(আঠ বছৰৰ পিছত)

        'স্নেহালয়'ৰ ভিতৰে বাহিৰে আজি ব্যস্ততা। নহ'বনো কিয় ? আজি যে 'স্নেহালয়'ৰ ৭তম প্ৰতিষ্ঠা দিৱস। স্নেহালয়ত থকা কণ কণ শিশুৰ পৰা বয়সস্কলৈ সকলোৰে মনত আজি অপাৰ আনন্দ। "প্ৰতিষ্ঠা দিৱস" লৈ সকলোৰে বৰ হেঁপাহ। নহ'বনো কিয় ! মৰম আৰু যত্নেৰে আশ্ৰয় দি থকা এইসকল লোকৰ আশ্ৰয়দাতা ৰিতি আৰু সিদ্ধান্তৰ কাৰণে তেওঁলোকৰ প্ৰতেকটা দিনতেই উৎসৱমুখৰ যেনেই হৈ থাকে। তেনেস্থলত প্ৰতিষ্ঠা দিৱসৰ দিনটো আহিলে সেই উৎসৱমুখৰ পৰিৱেশত যেন কোনোবাই দুগুন সুখৰ ৰং এসোপামানহে চটিয়াই দিয়ে। প্ৰতিবাৰৰ দৰে ৰিতি আৰু সিদ্ধান্ত‌ও আজি খুবেই ব্যস্ত। কামৰ মাজে মাজেই ৰিতিয়ে অনুকো লক্ষ্য কৰি আছে। সি কিন্তু নিজৰ লগৰীয়া কেইটাৰ লগত আপোনপাহৰা হৈ খেলাত মগ্ন। বাকী তাৰ চাৰিওফালে কি হৈ আছে তাৰ যেন একো খবৰেই নাই। তাৰ হাঁহিৰ খিলখিলনিৰ শব্দত কামৰ ব্যস্ততাৰ মাজতো ৰিতিৰ মুখত হাঁহি বিৰিঙিছে।
       মাজতে সিদ্ধান্ত‌ই আহি এখন বিশেষ ফটোৰ ওপৰত আলফুলে ফুলৰ মালা এডাল পিন্ধাই দিলেহি। ফটোখন আন কাৰো নহয়, প্ৰয়াত অনুজৰ ফটো। ৰিতিয়েও আহি ফটোখনৰ সন্মুখত চাকি এগছ জ্বলাই দিলেহি। দুয়োটাই আঁঠু কাঢ়ি অনুজৰ ফটো খনৰ সন্মুখত সেৱা এটা ল'ব খুজিছিল হে, ক'ৰ পৰা জানো 'পাপা', 'মা' কৈ চিঞৰি আহি অনুয়ে ৰিতি আৰু সিদ্ধান্তৰ মাজতে আঁঠু কাঢ়ি বহি ল'লেহি।

-মা, মা অনুজ মামা...হিঃ হিঃ, পাপ্পা, পাপা...তোমালোক কপিকেট...হিঃ হিঃ কপিকেট.... অনুয়ে ৰিতি আৰু সিদ্ধান্তক কপিকেট বুলি জোকাই হাঁহিবলৈ ধৰিলে।
     ইফালে অনুৰ কথা বুজিব নোৱাৰি ৰিতি আৰু সিদ্ধান্ত‌ই এটাই আনটোৰ মুখলৈ এবাৰ চাই অনুক কপিকেট বুলি জোকোৱাৰ কাৰণ সুধিলে।

-ইহ্, তোমালোকে অনুজ মামাৰ নামটো কপি কৰি মোৰ নামটোও অনুজ ৰাখি দিলা যে, সেইকাৰণে আকৌ...
      পাঁচবছৰীয়া অনু অৰ্থাৎ ৰিতি আৰু সিদ্ধান্তৰ একমাত্ৰ পুত্ৰ অনুজ কাকতিৰ কথা শুনি দুয়োটাই জোৰকৈ হাঁহি দিলে।

-আমি কপিকেট নহয় অ' দেহা। অনুজ মামা আমাৰ খুব মৰমৰ আছিল বুজিছা, তুমিও যে মৰমৰ সেইকাৰণে তোমাৰ নামো অনুজ ৰাখিলোঁ আকৌ। এই স্নেহালয় খনো যে অনুজ মামাই বনাইছিল জানা। অনুজ মামাৰ কাৰণেই তুমি আজি ৰাহুল, গুদুৰ দৰে ইমান ভাল ফ্ৰেণ্ড পালা বুজিছা। ইয়াত থকা ককা, আইতাবোৰেও তোমাক কিমান মৰম কৰে, কিমান চকলেট দিয়ে ন'... এইবোৰ সৱ অনুজ মামাৰ কাৰণেই হৈছে। তুমি থেংকিউ হে ক'ব লাগে তেওঁক। ৰিতিয়ে মৰমেৰে বুজালে অনুক।

-উমমম, তুমি একদম ধুনু কথা কৈছা মা। ম‌ই এতিয়াই অনুজ মামাক থেংকিউ কৈ দিছো ৰ'বা......অনুজ মামা, এটা ডাঙৰ , ইম্মান ডাঙৰ থেংকিউ দেই তোমালৈ....
   থেংকিউটো কিমান ডাঙৰ সেয়া দেখাবলৈ দুয়োখন হাত মেলি দি জোখটো দেখাবলৈ চেষ্টা কৰিলে অনুজে। তাৰ মৰমলগা কাণ্ড কাৰখানা বোৰ দেখি আকৌ এবাৰ জোৰত হাঁহি দিলে ৰিতি আৰু সিদ্ধান্তে। সিহঁতৰ পৰা অলপ দূৰৈত বিশেষ অতিথিৰ আসনত বহি থকা অনুজৰ মাক-দেউতাকে তেতিয়াৰে পৰা কণমানি অনুৰ মৰমলগা কথাবোৰ শুনি আছিল। সিদ্ধান্ত আৰু ৰিতিৰ মাক-দেউতাকৰ দৰেই তেওঁলোকৰ জীৱনটোও আজিকালি কণমানি অনুক কেন্দ্ৰ কৰিয়ে জীপাল হৈ উঠে। অনুৰ সৈতে ৰিতি, সিদ্ধান্তৰ সুখখিনি দেখি মনত বিৰাট শান্তি অনুভৱ কৰে তেওঁলোকে। অনুজৰ অভাৱ পূৰণ কৰিবলৈ সিদ্ধান্ত‌ই তেওঁলোককো নিজৰ আপোন মাক-দেউতাকৰ দৰেই ব্যৱহাৰ কৰে। কিন্তু ইমানৰ পিছতো নিজ পুত্ৰৰ অনুপস্থিতিয়ে কেতিয়াবা তেওঁলোকক আমনি কৰে যদিও তেওঁলোকে সেয়া আনৰ আগত দেখুৱাব নিবিচাৰে। অনুজৰ মৃত্যুৰ পিছত তেওঁলোকে নিজেই 'স্নেহালয়'ৰ দায়িত্ব ৰিতি, সিদ্ধান্তৰ হাতত অৰ্পন কৰিছিল, আৰু আজি সিহঁতৰ প্ৰচেষ্টাৰ ফলত স্নেহালয়ে ইমান ভালদৰে পৰিচালিত হ'ব পাৰিছে। পিছে সিদ্ধান্ত‌ই এতিয়া দেউতাকৰ বিজনেছো চলাই ফলত বেছিভাগ সময় ৰিতিয়েহে স্নেহালয়ৰ লগত কটায়।  
     এক প্ৰশান্তিৰ নিশ্বাস এৰিলে অনুজৰ মাকে। সপ্ৰসন্ন মনেৰে আকৌ এবাৰ তেওঁ ভগৱানক প্ৰাৰ্থনা জনালে.....ৰিতি আৰু সিদ্ধান্তৰ সংসাৰখন এনেকৈয়ে সুখৰ মাজেৰে অতিবাহিত হ‌ওঁক। সিহঁতৰ মৰম আৰু যত্নেৰে স্নেহালয় জিলিকি থাকক। অতীতৰ অণুতপ্তৰ জুইকুৰাত যেন আকৌ জ্বলিব লগা নহ‌ওঁক কোনো....সকলোৰে ভাল হ‌ওঁক....হাঁহি বোৰ যেন মুখে মুখে বৈ থাকক.....।


পৃষ্ঠাঃ ১৪

ধাৰাবাহিক উপন্যাসঃ

অভিশ্ৰুতি


চয়নিকা বৰুৱা
যোৰহাট
৯৭০৬২৬৯১০০
(খণ্ড---৩)

(মোৰ মাতটো যেন নোলাবই..তেওঁ যে ফোন কৰিছে সেইটো গম পালো যদিও থোকা-থুকি মাতেৰে মই সুধিলো)
* কো...কোনে কৈছে?
* What?
* .....
* Hello..Hello....miss Srutishna.
* ওম...
* কি ওম ? তুমি কি সঁচাই ধৰিব পৰা নাই মই কোন?
* .....
(ইচ্ কিয় ক'ম..মই চিনি পাইছো নাই। ওহোঁ কথাতো বেয়া হ'ব..কৈয়ে দিওঁ চিনি পাইছো বুলি! কিন্তু মোৰ মোবাইলত তেওঁৰ নাম্বাৰতো চেভ নাই; যদি সোধে কেনেকে গম পালা বুলি মই কি উত্তৰ দিম।)
* Hello..কি হ'ল ? একো নোকোৱা হ'লা যে..মনে মনে ভাবি আছা ন কেনেকৈ মোক ফাকি দিবা তুমি মোক চিনি নাই পোৱা বুলি??
* আপুনি কেনেকৈ গম পালে?
( ইচ্ কিযে ছোৱালী আৰু মই..মুখত যি আহে তাকে বলকিছো। মোৰ কি দৰকাৰ আছিল বাৰু তেনেকে ক'বলৈ?)
* কি হ'ল পোৱালি?
(ঘপককে ফোনতো কাটি দিলো)
* তই কেতিয়া আহিলি ?তইতো মাৰ ওচৰত  আছিলি?
* এইমাত্র আহিলো কিয়?আৰু তই যে মোৰ মাতটো শুনি ভয়তে ফোনতো কাটিদিলি কিয় ?
* কথাপাতি হৈ গ'ল কাটিদিলো। চাওঁ আঁতৰ মই মাক অলপ কামত সহায় কৰি দিওঁগে।
....আৰু এটা কথা মই তোলে ভয় নকৰো বুজিলি? (এই বুলি কৈ মই দৌৰি অাহি মাৰ কাষ পালোহি আৰু দাদায়ে ভিতৰৰ পৰাই টেটু ফালি মোক কৈছে..)
* ঐ...তই মোলে ভয় নকৰ বুলি মোক কৈ থৈ গৈছ নে...নে নিজকে সান্তনা দিছ?????হা..হা..হা..মোৰ পৰা একো লুকুৱাব নোৱাৰ বুজিলি???মাহী মই অভিহঁতৰ মোমায়েকৰ ঘৰৰ পৰা আহোঁ।
* ঐ...যা..যা পাৰিলে তাৰ পৰা বাহিৰে বাহিৰে ঘৰ যাবিগে...হুহ্।
* আৰে মাজনী কিয় তুমি তাক ইমান জোকাৰি থাকা ?নাপায় নহয় তোমাৰ দাদা হে।
(সি যে মোক ইমান ভয় খোৱাই থাকে)
* নাই মা...এনেই..ভাল লাগে তাক জোকাৰি। হুহু..হুহু।
* হ'ব বাৰু তাহাতি ভাত খাবলে অাহিবই তুমি যোৱা পানীৰ যোগাৰ কৰাগে।
* তাহাতি মানে আৰু কোন আহিবনো মা ?
* মাহী...অ মাহী ওলাই আহাঁচোন আমি আহিলো।
* মাজনী যোৱাচোন তাহাতক বহিবলে দিয়াগে। মই মুখহাত বোৰ ভালদৰে ধুই লওঁ।
* হ'ব মা....
....দাদা তহঁতি ইয়াতেই.........
ধক্-ধক্....ধক্-ধক্
(অ....হ..কি হ'ব এতিয়া?একেবাৰে আমাৰ ঘৰ ওলালহি দেখুন)
* পোৱালি যা অভিলে খোৱাৰ পানী লৈ আন।
* পা...পানী নাই।
* কি?????
* নহয় নহয় মই ক'ব খুজিছিলো মায়ে পানী আনিছে।( কি ছোৱালী বাৰু মই..চেহ্ কি ভাবিছে বাৰু মোৰ কথা)....
...দাদা তহঁতি বহ..মই ভিতৰৰ পৰা আহোঁ।
* ঋতু...
* অহ্....মাহী।
* ব'লাচোন পতককে দোকানৰ পৰা আহোঁ..বাইকখন লৈ ব'লা।অভি বেয়া নাপাবা দেই মই আহিমেই, কিবা প্ৰয়োজন হ'লে মাজনী আছেই।
* হ'ব মাহীদেউ।
(অ...হ্ মা কেনি গৈছে মোক ঘৰত থৈ...তাকো তেওঁ থাকোতে)
* মা....মা শুনাচোন..মা...
..ধক্...
(পিছফালৰ পৰা তেওঁ মোৰ হাতখনত ধৰি তেওঁৰ গাৰ কাষলে টানমাৰি আনিলে)
* মাক কিয় মাতিছা?
( লাহে লাহে তেওঁৰ মুখখন মোৰ কাণৰ কাষলে আনিছে।যিমানেই তেওঁ মোৰ কাষ চাপিছে সিমানেই মোৰ উশাহ চুটি হৈ হৈ আহি আছে। মনত এক বেলেগ ভাব জাগিছে।কিন্তু এই ভাব মোৰ কাৰণে একেবাৰে নতুন)
* কি হ'ল miss srutishna?ইমান কিয় ভয় খাইছা?
* এৰি দিয়ক। এইবোৰ আপুনি কি কৰিছে। কোনোবাই দেখিলে কি ভাবিব?
* মোৰ তোমাক কথা এটা ক'বলৈ আছে..
(যিমান পাৰোঁ গাৰ জোৰেৰে মই তেওঁক ঠেলি কোনোমতে আঁতৰি আহিলো)
* কি হ'ল miss...
(শুনক মই আপোনাৰ কোনো নহয়। আপুনি মোক এনেকে ধৰিব নোৱাৰে। মই দাদাক লগাই দিম। এইবুলি ক'বলৈ মন গৈছিল কিন্তু নোৱাৰিলো)
* নাই একো নাই। আপুনি কিবা ক'ব বিচাৰিছিল.. কওকচোন বাৰু।
* নাই মোৰ এতিয়া মন নাই।
* হ'ব তেন্তে। আপুনি ইয়াতেই বহক।
(এইবুলি কৈ মই পাকঘৰ পালোগৈ..কিন্তু তেওঁ মোৰ পিছে পিছে আহি পাকঘৰ পালেহি)
* আপুনি ইয়াত পালেহি যে?
(কথাতো কৈ মই যিমানেই পিছলে গৈ আছো তেওঁ সিমানেই আগলে আহি আছে।কিন্তু মোৰ তেওঁক বাধা দিবলে মন যোৱা নাই। আহি আহি তেওঁ মোৰ কাষ পালেহি.... মোৰো আৰু পিচলৈ যাবলৈ ঠাই নাই। মোৰ কপালৰ আগত ওলাই থকা চুলি কেইডাল মোৰ কাণৰ কাষলে সোমোৱাই দিলে)
* Miss Srutishna..ভয়খালে কিন্তু তোমাক আৰু ধুনীয়া লাগে।
(লাহে লাহে তেওঁ মোৰ হাতখনতো ধৰিলে আৰু মোৰ একেবাৰে কাষচাপি আহি মোৰ কাণৰ কাষত ক'লে)
* miss Srutishna..মোক পানী এগিলাচ দিবানে ?
* এইবোৰ কি দেখিছো মাজনী ?
..ধক্...

(আগলৈ)


পৃষ্ঠাঃ ১৫
অণুগল্পঃ

সংগ্ৰাম

শীতল পুৱাটোত একান্তমনে খোজকাঢ়ি থাকোঁতে ক'ৰবাত দুটি শিশুৰ কথোপকথনত মোৰ খোজ স্থবিৰ হৈ পৰিল। 
প্ৰথম শিশু- তই কেইটা পালি? 
দ্বিতীয় শিশু - মই আঠটা পালো। তই কেইটা? 
প্ৰথম শিশু- মই এঘৰটা। আজিকালি টাউনলে মানুহেই নহা হ'ল । বটল ক'ৰ পৰা ওলাব! 
দ্বিতীয় শিশু-ওঁ। ইয়াকে মিলাই যিকেইটকা পাওঁ তাৰে পূজা বুলি জেলেপী খাম ব'ল.....। 
     জাবৰৰ দ'মটোৰ পৰ অহা কথোপকথন শুনি মোৰ চকুত ভাঁহি আহিল আকাশত উৰি উৰি বিকট শব্দ কৰি মনোৰঞ্জন দিয়া বহুটকীয়া কেইটামান পোহৰ, ৰঙচঙীয়া মিঠাইৰ দোকান আৰু জিভাৰে ওঁঠ চেলেকি এইবোৰ উপভোগ কৰি থকা দুটামান শিশু। মোৰ মুখেৰে উচ্চাৰণ হ'ল এটা শব্দ-সংগ্ৰাম..। 

হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্যঃ ৭০০২৯৬১৩৬২

মহামাৰী

শৰৎ আহিছে,শেৱালি ফুলিছে।বকুলৰ গোন্ধত নৱ ভাৱৰ উন্মেষ ঘটিছে।অনন্যাই ভাল পায় শৰৎ।নৈৰ পাৰত কঁহুৱাৰ লিহিৰী সুৰত মন উতলা হৈ পৰে অনন্যাৰ।যৌৱনৰ মধুক্ষণত দুহাত মেলি আদৰি লয় শুকুলা মেঘৰ মৰমবোৰ।
          কিন্ত্ত,এইবাৰ অনন্যাৰ বুকুলৈ শৰৎ অহা নাই।তাইৰ মনলৈ বাৰে বাৰে আহিছে মহামাৰীৰ কবলত অকালতে হেৰাই যোৱা তাইৰ ভায়েকৰ  মুখ খন ........

সংকল্পজিৎ শইকীয়া 
নগাঁও
যোগাযোগৰ নম্বৰ: ৯৯৫৭৩৬০১১৭

ফলাফল

হেৰ’ সোণ , তইতো পৰীক্ষা বহুত ভাল হোৱা বুলি কৈছে ! এতিয়া যে ভয়ত খোৱা , শুৱা বাদ দিছ ?

    বাপেকৰ কথা শুনি গেঙেৰি মাৰি সি উত্তৰ দিলে " অলপ যে কৰ’বাত বেয়া হৈছে বা ভুল হৈছে , সেইবোৰ কৈ কি মই পৰীক্ষাৰ পিছৰ সুন্দৰ দিন কেইটা নষ্ট কৰি ল’লোঁহেঁতেন নেকি ! ইমানো মাথা খোৱা কাম নকৰোঁ মই ৷ এতিয়া দুদিন টেনচন দেখুৱাই , ৰিজাল্ট পোৱাৰ পিছত দুখ কৰিম , ভালদৰে পৰীক্ষা দিয়াৰ পিছতো ৰিজাল্ট বেয়া হোৱাৰ সহানুভূতি ৰাইজৰ পৰা লৈ , তাৰ পিছত পৰীক্ষাৰ বহী চোৱাত দোষাৰোপ জাপি বিনদাচ থাকিম ৷ "

   এই ৰিজাল্ট ৰিজাল্ট , নম্বৰ নম্বৰ কৰি মৰা মানুহবোৰৰ বাবেই এই উপায় দেউতা , বেয়া নাপাব ৷

নিৰুপমা ডেকা
ফোন:-৯৮৫৯৯৩৮৪১০


পৃষ্ঠাঃ ১৬

এক মিনিটৰ গল্পঃ


ভুলৰ পৰিসমাপ্তি

পিতৃ-মাতৃৰ হাজাৰ বাধাকো নেওঁচি, সীমাহীন মৰম-চেনহক আওঁকান কৰি ৰঙীন চচমা পিন্ধি ৰঙীন পৃথিৱী চোৱাৰ হেঁপাহেৰে এদিন তাই ওলাই আহিছিল এখন নতুন চহৰলৈ ,অযুত সপোনলৈ।
     হেঁপাহবোৰ হেঁঁপাহ হৈয়ে ৰ'ল। ভীৰৰ মাজত এদিন হঠাৎ তাই ৰঙীন সপোন হেৰুৱাই সম্মুখত ধোঁৱলি- কুৱলি দেখিলে। চাৰিও ফালে কেৱল স্বাৰ্থপৰ, মুখাপিন্ধা মানুহৰ বৃহৎ এখন বজাৰ। য'ত  তাই অজানিতে হেৰুৱাই পেলালে নিজৰ অস্তিত্ব, আশা, আকাংক্ষা আৰু সপোন বোৰ।দুহাতে খেপিয়াই বিচাৰি পালে মাথোঁ এটি বৃহৎ শূন্য।
       উপায়হীন হৈ তাই আজি আকৌ আৰম্ভ কৰিছে ওভতনিৰ যাত্ৰা, এৰি অহা মৰম বিচাৰি নিজ ঘৰ খনৰ পদূলিৰ দিশে এটি উকা মন লৈ, তিক্ত অভিজ্ঞতা বুটলি।কিন্তু এটি আশংকাই এতিয়াও আমনি কৰিছে তাইৰ মনৰ মাজত। পুনৰ তাইৰ পিতৃ-মাতৃয়ে দিবনে খুলি পদূলিৰ জপনাখন তাইৰ বাবে ? 
       আজি তাই দৃঢ় প্ৰতিজ্ঞ আৰু কোনো দিন নিপিন্ধে ৰঙীন চচমা, নাই আৰু হেঁপাহ ৰঙীন পৃথিৱী চোৱাৰ। তাই ভাবিলে ,সময়ে  যদি সুযোগ দিয়ে আকৌ এবাৰ, তেতিয়া তাই উপভোগ কৰিব পৃথিৱীৰ সেউজীয়া খিনি পিতৃ-মাতৃৰ দৃষ্টিৰে। য'ত থাকিব সুখ, শান্তি আৰু আশা। নাথাকিব আৰু কোনো কৃত্ৰিমতা।

পিংকী শইকীয়া
জাঁজী,জামুগুৰি


পৃষ্ঠাঃ ১৭

এক মিনিটৰ গল্পঃ

সুধাকণ্ঠ

      নাই নাই,এনেকে হ'লে প্ৰায় পাঁচ হাজাৰ কৰ্মচাৰীৰ জীৱনলৈ কাল ধুমুহা নামি আহিব।ডিগবৈস্থিত তেল নিগমে কেন্দ্ৰক দিব লগা কৰৰ পৰা ৰেহাই পাবলৈ হ'ব লগা আলোচনাত মহান শিল্পী জনাকে মধ্যস্থতাকাৰী হিচাপে লোৱা হওঁক।

      প্ৰধান মন্ত্ৰী জনা অলৰ-অচৰ।কোনো কাৰণতে পূৰ্বৰ চৰকাৰৰ সিদ্ধান্ত লৰচৰ নহ'ব।

    উপায়হীন প্ৰতিনিধি দলটোৰ মৌনতাত নিস্তব্ধ চৌপাশ।হঠাৎ এক ক্ষোভিত উদাত্ত কণ্ঠই দেৱালত ঠেকা খাই হচকিত কৰি তুলিলে সকলোকে--
     বিস্তাৰ হ্যেয় অপাৰ
         প্ৰজা দুয়োপাৰ
          কৰে হাঁহাকাৰ নিশব্দ সদা
               অ' গংগা তুমি
                   অ' গংগা বেহতি হ' কিউ?

      প্ৰধান মন্ত্ৰী জনা শিল্পীগৰাকীৰ কাষলৈ আহি মাথো ক'লে,"ব'লক হাজৰিকা চাহাব।বাহিৰত চামোচা খাওঁগৈ"

    ইতিবাচক সঁহাৰিৰ এটা মিঠা সুৰ বতাহজাকত গান হৈ বাজিল।
মমী তামুলী
শিৱসাগৰ
ফোন নং 9678721310


পৃষ্ঠাঃ ১৮

অনুবাদ কবিতাঃ


ভূমিকা


(INTRODUCTION By William Blake) 


চাৰণে কোৱা কথাবোৰ শুনা ৷
যি দেখা পায় ভূত-ভৱিষ্যত আৰু বৰ্তমান,
যাৰ কাণে শুনিছিল
পৱিত্ৰ বাণীবোৰ ,
যিয়ে খোজ দিছিল প্ৰাচীন বৃক্ষৰ মাজেৰে ৷

কক্ষচ্যুত আত্মাক চিঞৰি
আৰু সন্ধিয়াৰ নিয়ৰত চকুলো টুকি,
যিয়ে হয়তো নিয়ন্ত্ৰণত আনিব
ধ্ৰুৱতৰা সমন্বিতে সমূহ নক্ষত্ৰ
আৰু অস্তমিত পোহৰক দিব নতুন জীৱন ৷

হে' পৃথিৱী হে' ধৰিত্ৰী ঘূৰি আহাঁ ৷
নিয়ৰসনা ঘাঁহৰ পৰা উঠি আহাঁ :
ৰাতিৰ শেষ হ'ল
আৰু,কলাঘুমটিয়াই থকা
ভূ-খণ্ডৰ পৰা পুৱাৰ হৈছে উদয় ৷

আৰু মুখ নুঘুৰাবা :
কিয়নো বাৰু তুমি মুখ ঘুৰাবা
আলোকিত ভূ-তল
জল বিধৌত তীৰ
দিন হোৱালৈকে তোমাৰেই চৰণাৰ্পিত ৷


(ওপৰৰ কবিতাটো কবি উইলিয়াম ব্লে'কৰ 'Songs of Experience 'নামৰ কাব্য-সমকলনৰ পাতনি বা ভূমিকা(Introduction) ৷ পংক্তি কেইটাত কক্ষচ্যুত আত্মাক জাগতিক স্খলনৰ পৰা উদ্ধাৰ কৰিবলৈ  চাৰণে (Holyman) পুৱাৰ পৃথিৱীক আহ্বান জনাইছে ৷ উত্তৰত পৃথিৱীয়ে কি দৰে সঁহাৰি দিছে  সেয়া লিখিছে  সংকলনটিৰ দ্বিতীয় কবিতা ' পৃথিৱীৰ উত্তৰ'( Earth's Answer) ত ৷
(উইলিয়াম ব্লে'ক (১৭৫৭-১৮২৭) এজন বিখ্যাত ইংৰাজ কবি আৰু চিত্ৰশিল্পী ৷ হাতে অঁকা চিত্ৰতকৈও তেওঁ  পাতলীয়া  ধাতুৰ(তামৰ) পাতত' ৰিলিফ ইটিচং' নামৰ  এক প্ৰক্ৰিয়াৰে খোদিত কৰা চিত্ৰ-শিল্পৰ বাবে বেচি বিখ্যাত  আছিল ৷ কাব্য সাহিত্যত ওঠৰ শতিকাৰ শেষৰ দশকত সৃষ্ট' ৰোমাণ্টিক'ভাৱধাৰাৰ  তেওঁ এজন বিশেষ গুৰি ধৰোঁতা আছিল ৷ তেওঁ সৃষ্টি কৰা কবিতা আৰু চিত্ৰাংকনসমূহ ফঁৰাচী আৰু আমেৰিকান বিপ্লৱী ভাৱধাৰাৰে  যথেষ্ট প্ৰভাৱান্বিত হৈছিল ৷)


মূল কবিতাটিঃ




অনুবাদ
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলিপাৰা,গুৱাহাটী-১৯
মোবাইল নং:৭০০২৪০৯৬৫৫


পৃষ্ঠাঃ ১৯

অনুবাদ কবিতাঃ


মোৰ চহৰ

মূল (হিন্দী): অমৃতা প্ৰীতম

অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন

মোৰ চহৰ এক দীৰ্ঘ কাজিয়াৰ দৰে 
ৰাস্তা অদৰকাৰী দলিল
আৰু গলিবোৰ এনেকুৱা যে 
এটা কথাকে কোনোবাই এইফালে টানে 
কোনোবাই আনফালে টানে 

সকলো ঘৰ এটা মুঠিৰ দৰে
দেৱালবোৰ সংকুচিত হোৱাৰ দৰে
আৰু নলাবোৰ মুখেৰে যেন ফেন ওলাই বৈ আছে 

এই কাজিয়া কিজানি সূৰুয উঠাৰ লগে লগে হৈছিল 
যাক দেখিয়েই আৰু গৰম হৈ যায় 
আৰু প্ৰতিটো ঘৰৰ পদূলিয়ে চাইকেল
আৰু স্কুটাৰৰ চকাই গালিৰ দৰে গুচি যায় 
আৰু টিলিঙা, হৰ্ণ এটাই আনটোৰ লগতে হতাহতি হয় 

যি শিশু এই চহৰত জন্ম লয় 
সুধে কি কথাত ইয়াত কাজিয়া হৈছে 
পিচে তাৰ প্ৰশ্নই এক কাজিয়া হৈ পৰে
কাজিয়াত সাৰ পায় কাজিয়াত শুৱে 
কাজিয়াত ওলায় কাজিয়াত মিলি যায়

কিছু ঘণ্টাৰ স্বাসৰুদ্ধ হয়
ৰাতি আহে আকৌ নিঃসৰণ হয় আৰু গুচি যায় 

কিন্তু নিদ্ৰাতো কাজিয়াৰ শেষ নহয় 
মোৰ চহৰ এক দীৰ্ঘ কাজিয়াৰ দৰে 


(অমৃতা প্ৰীতম - হিন্দী আৰু পাঞ্জাৱী সাহিত্যৰ এগৰাকী প্ৰথিতযশা ঔপন্যাসিক, কবি‍ অমৃতা প্ৰীতমৰ জন্ম হয়- ১৯১৯ চনৰ ৩১ আগষ্টত গুৰুঞ্জনৱালা, পাঞ্জাৱ, ব্ৰিটিছ ইণ্ডিয়া (বর্তমান পাকিস্তান) আৰু মৃত্যু হয়- ২০০৫ চনৰ ৩১ অক্টোবৰত দিল্লীত৷ তেখেতৰ উল্লেখযোগ্য গ্ৰন্থৰাজি - 'পি‍ঞ্জৰ' (উপন্যাস), 'আজ আখ‍ৌ ৱাৰিছ সুখ নু' (কবিতা), 'চানেৰী' (কবিতা)৷ তেখেতে নাৰী, সপোন আৰু ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ৰ বিষয় ৰূপে লৈ ৰমন্যাসিক আৰু প্ৰগতিশীল চিন্তা চেতনাৰে বহু উল্লেখযোগ্য সৃষ্টিৰাজি আগবঢ়াইছে৷ তেখেতে ১৯৫৬ চনত সাহিত্য অকাডেমী, ১৯৬৯ চনত পদ্মশী, ১৯৮২ চনত ভাৰতীয় জনপীঠ, ২০০০ চনত শতাব্দী সন্মান আৰু ২০০৪ চনত পদ্মবিভূষণ বঁটাৰে সন্মানীত হয়৷)



পৃষ্ঠাঃ ২০

কবিতাঃ


এটা সময় আহে সকলোবোৰ
আঁতৰি যায় কাষৰ পৰা
------------------------------------------------------------------------------
ৰণ‌্জিত গগৈ


এটা সময় আহে সকলোবোৰ আঁতৰি যায় কাষৰ পৰা
সম্ভৱ হৈ নুঠিব জীয়াই থকাটো

প্ৰিয়জনৰ বিচ্ছেদৰ শংকাই বাৰে বাৰে
ভবাই তোলে সম্ভৱ নে
এখন সাগৰ সাতুৰি থকা ?

পূজনীয় বুলি পূজি থাকোঁতেই
হাতৰ মুঠি সুলকি বুকুত যেতিয়া অসীম বিশ্বাসবোৰে
পদাঘাট কৰে
কতা তাৰ পাছতো দেখোন জীয়াই থাকিব লগা হয়

হয়, কেৱল হেৰুৱাৰ বেদনাবোৰ
অসীম হৈ আহে
এদিন যিসকলে আৱৰি আছিল
তেওঁলোকো কাষত নথকা হোৱাৰ পৰা

খুব বেছি বাঢ়ি আহিব সীমাবদ্ধতা
যিটো উঁকি মাৰি যৌৱনৰ দিনবোৰত
লগাই আছিল তাল-ফাল
স্মৃতিৰ পটভূমিতে
সি এক দীঘলীয়া ভাষণৰ শাৰীৰ বাহিৰে
হয়নে কেতিয়াবা জীয়া কেঁচা উঁকি?

এটা সময় আহে
সকলো আঁতৰি যায় কাষৰ পৰা
সকলোবোৰ এদিন হৈ পৰে বোজা

ভাও দিব লগা হয় যি পাৰে যিমান পাকৈত ভাৱে
বাঢ়ি অহা সীমাবদ্ধতাতকৈয়ো
ঠেকাই কোঁচাই যি নিজকে জীয়াই থকাৰ 
উপযোগী কৰি তোলে

বাঁহ বান্ধি অহা পকা মুগাৰ লেটাতকৈয়ো বিশাল নে
তাৰ পৰিধি ?

অথচ যাৰ জ্যোতিয়ে অনেককে অহৰহ
ফুলাম কৰে মুগাৰ সাজৰ দৰে জকমকীয়া জীৱন ৷


পৃষ্ঠাঃ ২১

কবিতাৰ প্ৰেমত পৰোঁ বাবেই
----------------------------------------------------------------------------
দুষ্যন্ত এম বৰুৱা

কবিতাৰ প্ৰেমত পৰোঁ বাবেই
গছ-লতাৰ সৈতে কথা পাতো মই
সেউজীয়া আলিংগনত ডুবি থাকো অহৰহ
সোণাৰুৰ হালধীয়াত সিঁচিব খোজোঁ
তিৰবিৰ তৰালিৰ হাঁহি ৷
নৈৰ বালিচৰত বিচাৰি ফুৰোঁ
মোৰ নাঙঠ শৈশৱ 
আৰু সমনীয়াৰ কিৰিলিত
গামোচাৰ গাঁঠি খোলা সময় ৷

কবিতাৰ প্ৰেমত পৰোঁ বাবেই
নৈৰ পানীযুৱলিৰ পৰাই
দুচকুত ৰৈ ৰৈ নাচে বালিমাহীৰ নাচ ৷
জাকি মাৰি চেলকণাইও
পানী মুকুতা দিয়ে ছটিয়াই ৷
কবিতাৰ প্ৰেমত পৰোঁ বাবেই 
উৰুখা পঁজাৰ নঙলামুখত ময়েই
আশাৰ জকমক ৰাঙল এপাহ হৈ ফুলো 
সেউজীয়া দলনিত শুই শুই
নীলিম আকাশৰ বুকুত
শুকুলা ডাৱৰে তোমাৰ ছবি অঁকা চাওঁ ৷
কবিতাৰ প্ৰেমত পৰোঁ বাবেই
আহিনীয়া পথাৰৰ গেৰ ধৰা ধাননি ডৰাত
বতাহ কোবোৱা ঢৌ এটি হওঁ
নিজান দুপৰীয়া আঁহতৰ পাতত কপনি তোলা 
ঘাটমাউৰাৰ বাঁহীৰ সুৰ এটি হওঁ ৷


পৃষ্ঠাঃ ২২

নখেৰে আঁচোৰা হৃদয়
----------------------------------------------------------
ৰূপজ্যোতি হাজৰিকা দত্ত

মুঠি মুঠি কৰি , ধানৰ মুঠিবোৰ কঢ়িয়াবলৈ ধৰোঁতেই 
পকীয়া আলিত বিৰিয়া ডাল ভাগিছিল
সোণগুটিবোৰ সিঁচৰতি হৈছিল
 
মহাজনৰ ভোগ বাঢ়িছিল
হৃদয়খনত নখৰ আঁচোৰ বহিছিল
   
 জুই লগা কপাল
 জুই লগা মানুহ 
  
আঘোণৰ পথাৰখনে ভোৰভোৰাই উঠিছিল ।


পৃষ্ঠাঃ ২৩

ৱাহ ৰে জীৱন
-------------------------------------
গীতৰাজ
শিৱসাগৰ ৯৫৭৭৪২৯২১১

তোক লাল চালাম 
সৰগ ভাগি মূৰত পৰা বৰষুণজাকত তিতিছোঁ
উৰুৱাই নিব খোজা ধুমুহাজাকো পাৰ কৰিছোঁ
বহুবাৰ 
বহুবাৰ তোৰ স'তে হোৱা সংঘাটৰ যুঁজখনত 
তইয়ে জিকিছ
তথাপি তোকেই বিচাৰি ফুৰিছোঁ 
জানো ত‌ই  মোক হৰুৱালৈ উদ্যত আৰু ম‌ই যুজিঁবলৈ  

তোক লাল চালাম এইবাবেই যে 
ভবামতে কাম এটা ত‌ই হ'বলৈ নিদিয়
আশা কৰামতে সপোনবোৰ পূৰাব নিদিয়
 অনাকাংক্ষিত কল্পনাৰ ৰটনা ৰচি 
 তই গুচি যাৱ নিজ বাটে ...নিজৰ বুলি 

 আৰু ম‌ই ... পৰি ৰ‌ওঁ
 লেকেটীয়া উশাহ লৈ প্ৰতাৰণাৰ হেতেলিত ..
 শগুনে লেলাৱতী পাৰি আজুৰি টানে 
 কেচাঁ মঙহ..... 
 আপোনজনে হাহাকৰ কৰে ঘাইপথত 
 বিশ্বাসৰ শৰাধ পাতি মোক দলিয়াই দিয়া 
 চকুলোৰ মজিয়াত কোনোদিনেই 
 হাত বুলাই নোচোৱাকৈয়ে 
 গাব খোজে আপোনতাৰ জয়গান .... 

 ৱাহ: ৰে জীৱন --- 
 মদত ৰাগী আছে 
 তাতোকৈও ৰাগী এই মৰমৰ 
 হৃদয় পিয়লাত যিদিনা মৰমৰ পৰিমাণ বাঢ়িব 
 জানিবা .....
 জীৱনে লৈ গ'ল তোমাৰ সমস্ত 
 
ভালপোৱাৰ গৰল পি'ব নোৱাৰি 
 অথচ বাৰে বাৰে চিটিকি পৰে 
 আপোনজনৰ দুভৰিত 
 শুৱ খুজিও শুৱ নোৱাৰি 
 টোপনিতো চুকুটি কয় 
 দুখে তোৰ বুকুতে সুখী হয় ..... 
 

(শুকান পাতক সকলোৱে জ্বলাব খোজে )


পৃষ্ঠাঃ ২৪
নিশাৰ সাক্ষী
------------------------------------
বৰষা গায়ন
ওদালগুৰি, ৬০০১৫৭৪৭০৩

দিনটোৰ ভাগৰ
পাতলাবলৈ অহা মোৰ 
কুমলীয়া টোপনিটো
সাক্ষী হৈ ৰয়
নিৰব নিশাৰ উচুপনিৰ

গোটেই কপালখনত সানি লোৱা
সেই বিষৰ ঔষধিটি  
সাক্ষী হৈ ৰয়
উজাগৰী নিশা
সিৰাই সিৰাই সাঁতুৰি ফুৰা 
সেই গোপন ৰহস্যটিৰ।

জিভা তিয়াবলৈ 
পান কৰা পানীৰ টোপালটো সাক্ষী হৈ ৰয়
অকথ্যতাত আন্দোলন কৰি থকা ,
অথচ বহু দিনৰ আগৰ পৰা সৃষ্টি হোৱা 
সেই পানীৰ পিয়াহটিৰ।
 

পৃষ্ঠাঃ ২৫
মৃত্যু
------------
হিমাশ্ৰী বৰা

মৃত্যু,
চিৰন্তন সত্য।
যাৰ কোনো আৰম্ভ নাই, 
যাৰ কোনো শেষ নাই,
ই নিৰন্তৰ ......
অপ্ৰিয় সত্য....।

এদিনটো আপোনজনেই জ্বলাই দিব
মোৰ উলংগ শৰীৰ...!
চিতাৰ কাষত আপোনজনেই কান্দিব,
কান্দি কান্দি ভাগৰি পৰিলে 
নিজেই সুধিব,"আৰু কিমান সময় বাকী...?"

জীৱন অনুষ্ঠান শেষ হ'ব এদিন;
মৃত্যুৰ বাবেই যি আছিল নাটক,
মুক্তিৰ বাবেই ইমান বিশাল এটা আয়োজন.......!
দুদিনৰ উচুপনি,
কালিলৈকে পাহৰি যাব,,,
আপোনবোৰেই.....
দিন বাগৰাৰ লগে লগে সুধিব "কেতিয়া আছিল তাইৰ তিথিটো.....???


পৃষ্ঠাঃ ২৬
নিষিদ্ধ গলিৰ নায়িকা
---------------------------------------------------------
জনাশ্ৰিতা কাশ্যপ

দাগী অন্তৰখন ঢাকিব পৰাকৈ এখন ৰঙীন শাৰী,
টিক্‌টিকীয়া ৰঙা লিপষ্টিক,
আৰু এখন বাসনাৰ বজাৰ।
সন্ধিয়া হৈ অহাৰ লগে লগে
চহৰখন মাতাল হয়,
অশ্লীলতাৰ তাত অভাৱ নাই

প্ৰতিপ্ৰহৰে তাই নীৰৱে চাই ৰয়
তাইৰ যৌৱনৰ দামদৰ
অসহায়,
অনিদ্ৰা,
অথচ এটোপোলা কৃত্ৰিমতা
আৰু কিছু অকথ্য কাহিনী।
 
কেতিয়াবা হয়তো মন যায় তাইৰ 
এসাগৰ চকুলোৰে
সকলো অতীত ধুই
গধুৰ হৃদয়খন পাতলাবলৈ 
নতুন দিগন্তৰ সন্ধানত
ওঁহো,
নোৱাৰে তাই
তাই বন্দী যৌৱনৰ বিজ্ঞাপনত,
সেইয়া চোৱা নতুন গ্ৰাহক,
আকৌ তাইৰে দেহৰ কিনাবেচা। 
তাইৰে চাহিদা বেছি
কাৰণ তাই সেই নিষিদ্ধ গলিৰ শ্ৰেষ্ঠ নায়িকা।


পৃষ্ঠাঃ ২৭
জীৱন গাথা
-----------------
মানিক পাল
গোৱালপাৰা

শোকত ভাগৰি পৰি লোতকৰ নিজৰা মচি 
      নাভাবিবা জীৱন বাদি মৰুভূমিৰ মৰীচিকা।
ৰতিৰ সংসাৰ ভাই ৰতিৰ সংসাৰ
     মোহময় মায়াময় সকলো অসাৰ।
নন্দন নন্দিনী বনিতা কোন আপোন কোন পৰ
        বুলি অনৰ্থকে ভাবি থকা
মাটিৰ তন মাটিতে বিলীন হ’ব
           যিদিনা উৰিব জীউ।
যিমানে কৰা অহংকাৰ , অভিমান, ঈৰ্ষা
            সকলো ঐহিক ভাই
দুদিনৰ বাবে আহিছা সংসাৰত ওমলিবলে 
            গতিকে জলাঞ্জলি দে অহংকাৰ, অভিমান, ঈৰ্ষা ভাই।
দিন‌ গৈছে ৰাতি গৈছে সময় উৰি গৈছে
            ক্লেশত ভাগৰি লাভ নাই ভাই
ক্লেশৰ লোতক নিজৰা মচি খুচিত 
               কটোৱা সময় ভাই।
অলস্য পৰিহাৰ কৰি শ্ৰমক আকোঁৱালি ল
    তেহে পাবা জীৱনৰ খুচি ভাই
যুদ্ধ কৰি কৰি জীৱনত আগুৱাই যা
        তেহে পাবা জীৱনৰ খুচি ভাই।
কেতিয়াবা সুখ কেতিয়াবা দুখ কেতিয়াবা পীড়া
      কেতিয়াবা আৰাম কেতিয়াবা প্ৰদীপ
কেতিয়াবা নিষ্প্ৰদীপ কেতিয়াবা সুস্থ কেতিয়াবা অসুস্থ
        আদি যে জীৱনৰ গাথা ভাই।
জীৱনৰ অপগাত কেতিয়াবা পাবা পঙ্ক কেতিয়াবা কঙ্কৰ
        কেতিয়াবা বালি কেতিয়াবা বাৰি 
তথাপিও ভাগৰি নাযাৱা জীৱন নাওৰ বঠা মাৰি
         তেহে পাবা জীৱন অপগাৰ পাৰ ভাই
          জীৱন অপগাৰ পাৰ।


পৃষ্ঠাঃ ২৮
মা
........
পৰিষ্মীতা পৰাশৰ
গোলাঘাট

জোন যেন মুখনি
সেন্দুৰৰ ৰঙা ফুট...!
ইয়াতকৈ চিনাকী কিবা লাগে জানো...?

সম্পৰ্কক তুলাচালনিৰে নোজোখা এয়াই 'মা'...

অবধামিত নৈতিকতাৰ
প্ৰেমত মুল্যবোধৰ 
মালাধাৰীৰ বান্ধোনত যে আমি...

মা,
পৃথিবী বৰ ধুনীয়া চাগে ন..?
তোমাতকৈয়ো নে মা..?

আহিনৰ আবেলি
নিমজ ৰ'দালি
শেৱালি সৰা পদূলিত
তোমাৰ সতে 
এখোজ দুখোজ...

এটি প্ৰতিশ্ৰুতি জীৱন দিয়াৰ 

অনাবিল হেঁপাহ বুকুত বান্ধি
মৃত্যুৰ দুৱাৰ চুই
প্ৰসবৰ এক মিঠা অনুভুতি..!

...মাঁ।


পৃষ্ঠাঃ ২৯
সন্ধান
----------------
চম্পামণি দিহিঙীয়া
তিনিচুকীয়া (মাটিয়েখানা) 
মবাইল নং 8471851570

অনুতপ্ত হৃদয়ে আজি 
মৌনতাৰ চকুলোৰে 
নিকা কৰিব খোজে 
সময় বালিত এৰি অহা 
খোজবোৰ 
তেজৰ নদীৰ ঢৌয়ে ঢৌয়ে
উটুৱাই  দি
মন কাগজৰ নাওঁ
সন্ধান মাথোঁ পোহৰৰ 
য'ত জোনগলা ৰাতিয়ে
অপেক্ষা কৰে 
মাথোঁ জোনাকীৰ,,,,, 


পৃষ্ঠাঃ ৩০
প্ৰফেট
------------------
অনুপ অসমীয়া

দিনবোৰ পুৰণি হৈছে যদিও
এতিয়াও ৰঙীন 
জোনাকীৰ আকাশত তৰা ,

তাহানিতেই গোৱা
আকাশলৈ চাই চিঞৰা
লেমটো বঢ়াই
মা মা বৰ ভোক লাগিছে
কিবা এটা দিয়া ..
সেই চিঞৰ-বাখৰৰ পুৰণি দিন
জোনৰ পৰিধিত 
লাগি অহা ৰাতিৰ আকাশ
শিয়ালি এ নাহিবি ৰাতি
ইত্যাদি ইত্যাদি বোৰো
একে আছে .,

দিনবোৰ পুৰণি হৈছে যদিও
সলনি নহয় গান্ধীবাদ 
'সত্যৰ সদায় জয়' ,
ভাগৰুৱা ৰ'দ গৈ সোমোৱা
লঘোণীয়া ৰাতি ,
সান্ধ্যা আইন -ফ্লেগমাৰ্চ,
পাপীৰ প্ৰায়শ্চিত্ত  ..!!


পৃষ্ঠাঃ ৩১
ফাগুনৰ কেনভাচত তুমি
পলাশ হৈ জিলিকিছা
-------------------------------------------------------------------
চিন্ময় বৰুৱা
যোৰহাট
৮৭৫৩৯৭৯০৮৫

(মৰমেৰে মইনাৰ হাতত)

নদীয়ে নাজানে বৈ যোৱাৰ ইতিহাস
আকাশে নাজানে তাৰ বিশালতা
তোমাৰ দুচকুৱে কিনো মায়া জানে
ছিঙে ভাৱনাৰ সূতা...

কলপটীয়া অনুৰাগবোৰ থূপ খাই খাই এবুকু হ'ল অ' কাংকান ঐয়া
এতিয়া তুমিয়েই কোৱাচোন খুলি
দিনৰ পোহৰে পোহৰাইনে মন
মনৰ পোহৰে পোহৰায়...

ফাগুনৰ কেনভাচত তুমি পলাশ হৈ জিলিকিছা
চেনেহৰ ঐনিতম এটা বুকুত সাবটি তুমি 
মোৰ বুকুত খোপনি লৈছা...


পৃষ্ঠাঃ ৩২
আজি পৃথিৱী ধূসৰ
--------------------------------------------------
তপন দাস 
তিনিচুকীয়া
৮০১১৮৫০০৪১

আজি পৃথিৱী ধূসৰ !
চৌদিশে ধূলিৰ ধোঁৱা ।
বন্দুক বাৰুদৰ অগ্নিফিৰিঙ্গতিত 
তেজঁৰ ফাকু ।
আৰু কিমান খেলিবা ।।

কিহৰ সন্ধানত ।
কি আগমনৰ !
প্ৰাপ্য বিচাৰি ,
 আজি দেখোন ।
নিজৰেই ঘৰ ভাঙিছা ।
আপোনজনৰ কলিজাত ।
জুই সানি ।
নিজেই সন্তাপত ভুগিছা ।।

দেশ লাগে লাগে বুলি !
জাতি লাগে লাগে বুলি !
আৰু কিমান প্ৰতিবাদ কৰিবা অৱহেলা অপমানে ।
নিজকে আৰু কিমান তৰিবা

যি দেশৰ বাবে ত্যাগ দিছিলা,
নি-স্বাৰ্থে তুমি !
 সেই দেশ -জাতি সমাজৰ ।
 মহানতা আদৰ্শৰ ।
স্বভিমানৰ গৌৰৱ !
আজি মোহাৰি পেলালা ! 
নুবুজিলা একো তাৰ !
মহিমা তুমি !
মাথোঁ অথলে দিলা ঠেলি !!


পৃষ্ঠাঃ ৩৩
সৰা শেৱালিৰ উচুপনি
-----------------------------------------------------------
ধৰিত্ৰী দেৱী

পুৱাৰ দুবৰি দলিছাত
নিয়ৰৰ সাজোন কাচি
সৰে শেৱালি পাহি।
দেহৰ কোমল ভাঁজত 
সুমথিৰা ৰং বুলাই
সৌন্দৰ্যত শোভা চৰায়।
যাৰ সুগন্ধিৰে শত সহস্ৰজনৰ 
হৃদয় স্পৰ্শ কৰে।
শুভ্ৰতাৰে পোহাৰ মেলি
কবিৰ কাপেদি কবিতাৰ বন্যা নমায়।
কোনে জানে তেওঁৰ মহিমা
এটা ৰাতিতে সন্তুষ্টি কবচ পিন্ধি
কিনো দুখত অভ্যস্ত হৈ সৰি পৰে।
থাপনাৰ নিৰ্মালি হোৱাৰ মোহ নাছিল শেৱালিৰ
এটি বিশেষ ঋতুৰ বাবে নহয়
বিচাৰিছিল ছয় ঋতুতেই তেওঁৰ উপস্থিতি
উপচাই পেলাবলৈ 
মানুহৰ সমূহ ৰিক্ততা।


পৃষ্ঠাঃ ৩৪
শৰতৰ অনুভৱ
-----------------------------------------
নিবেদিতা দাস
হাউলী, বৰপেটা

দুৱৰি বনত মুকুতা মণি সিঁচি
আহিলে শৰত শেৱালিৰ টোপনি ভাঙি
সুৱাস চটিয়াই চৌদিশে
আহিন পালেহি পদূলি,

দোকমোকালিত নিয়ৰৰ সপোন
দুৱৰিৰ লগত অলৌকিক কল্পনাৰ গুনাগথা
সাজসজ্জাৰে শাৰদীক আদৰা
প্ৰকৃতিৰ নিচুকনি গীত এটা;

মৃদু বতাহজাকে ৰিঙিয়াই কৈ যায়
শৰতৰ লগত শাৰদীৰ মধুৰ সম্পৰ্কৰ কথা
আহিনে ধৰালৈ আনে
শৰতৰ অনুভৱৰ বতৰা,

শৰৎ গলেই শীত আহিব
সেউজীয়া ধাননিয়ে সোনোৱালী ৰূপ ল'ব
লুইতৰ বুকুৱেদি পাৰ হৈ
কাতি বিহুটিৰ আগমন হ'ব।


পৃষ্ঠাঃ ৩৫

শৰৎ' ২০২০
-----------------------------------------
নিভা বৰুৱা

শৰৎ অহাৰ অন্তৰালৰ বিধি
পৃথিৱীৰ নিৰৱছিন্ন গতি,
নপৰে য'ত নিমিষৰো যতি।
বিধি মানি ২০২০ তো আহিছে শাৰদী
আনন্দৰ বন্যা লগত নানি,
এইবাৰ শৰতত হা-হুতাশ
আৰু জীৱনৰ ভীজি,
পিতাৰ চিতা পুত্রই পোৱা নাই
পুত্রৰ মৃত্যুত অসহায় আই,
স্বামীক শেষবাৰলৈ,
নাই চোৱাৰ অনুমতি ।
উদ্দীপিত কৰিবলৈ মন নিস্তেজ
শাৰদীয় আনন্দেৰে আনিবলৈ সতেজ।
এইয়া যে বিভীষিকাময় শৰতৰ দস্তাবেজ।


পৃষ্ঠাঃ ৩৬
ব্যঙ্গ লেখাঃ

তিতা গজালিৰ গাজ

শ্যামলিমা কাকতি

সৰুৰে পৰাই নিজৰ দাঁত কেইটাৰ ওপৰত বৰ বিশ্বাস আছিল। কোনো যত্ন নোলোৱাকৈয়ে দুপাৰি সমান দাঁত, কোনোটোৱে আগ-পাছ নহয়। সকলোৱে দাঁত উলিয়াই হাঁহিলেহে ভাল দেখাই বুলি কয়। মধুৰীআম, আপেল, আনকি কুঁহিয়াৰ খাওঁতেও কটাৰীৰ ব্যৱহাৰ নকৰিছিলোঁ; দাঁত কেইটাই বহুত আছিল মোৰ বাবে।

এবাৰৰ কথা, তেতিয়া কিমান সৰু আছিলোঁ মনত নাই। কোনোবা এজন ঘৰৰ সদস্যৰ পৰীক্ষা আছিল, তেখেত পঢ়াত বৰ ভাল বুলিয়েই সকলোতে জনাজাত। পৰীক্ষালৈ যোৱাৰ আগ মূহুৰ্তত মোৰ লগত কিবা কথাত  কাজিয়া লাগিলে। ময়ো বোলে খঙতে কৈছিলোঁ,"যা তই পৰীক্ষাত ফেইল কৰিবি" বুলি। সময়ত যেতিয়া পৰীক্ষাৰ ফলাফল ওলাল, তেওঁ সচাকৈয়ে সেই নিৰ্দিষ্ট বিষয়ত ফেইল কৰিলে হেনো। তাৰ পিছত আৰু কি আছিল, গোটেইখনতে জনাজাত হৈ গ'লোঁ, মোৰ মুখৰ কথা ফলিয়াই বুলি। তাতে যেতিয়া গোটেই কেইটা দাঁত গজি বত্ৰিশটা হ'ল, তেতিয়া আৰু কথাটো বেছিকৈ গাঢ় হ'ল। " বত্ৰিশটা দাঁত থকা মানুহৰ হেনো কথা ফলিয়াই"।

আগতে স্কুলৰ বন্ধ হ'লেই, আবুৰ লগত পেহী, জেঠী আদি তেজৰ আত্মীয় সকলৰ ঘৰত বহু দিন থকাকৈ গৈছিলোঁ। তেনেকৈয়ে এবাৰ চাৰিজনী পেহীৰ ভিতৰত সকলোতকৈ ডাঙৰ পেহীজনীৰ ঘৰত থকাকৈ গৈছিলোঁ। সেইজনী পেহী মোৰ অতি প্ৰিয়, কাৰণ তেওঁ মোৰ পচন্দ মতেই সকলো যোগাৰ কৰি দিয়ে। শাক পাচলি খাবলৈ বেয়া পাওঁ বাবে মোৰ বাবে বেলেগে আলু ভাজি দিয়ে। সৰু সৰু কথাতে খং উঠা মইজনী, তেওঁৰ মৰমত নিজৰ ঘৰখনক মনত পেলাবলৈ পাহৰি যাওঁ। কলেজৰ অসমীয়া বিষয়ৰ অধ্যাপক ডাঙৰ পেহাও মোৰ বৰ প্ৰিয়। কাষতে বহুৱাই লৈ দেশ বিদেশৰ নানা কথা আৰু লগতে সাধুকথাও মোক শুনাইছিল তেওঁ। সেইবোৰ স্মৃতি মনত পৰিলে আজিও বৰ ভাল লাগে মনটো।

যা হওক, এতিয়া মূল কথালৈ আহোঁ। সেইবাৰ ডাঙৰ পেহীৰ ঘৰলৈ যাওঁতে, পেহাৰ দেউতাক মানে আতাজনৰ গা অলপ বেয়া আছিল, বাৰ্ধক্যজনিত কাৰণত। মোৰ পেহাৰ ঘৰৰ নিচেই কাষতে থকা, তেওঁৰ সৰু ভায়েকৰ ঘৰত থকা আতাক সকলোৱে দেখা সাক্ষাৎ কৰিব আহি আছিল। এদিন গধূলি আতাৰ গাটো বেছি বেয়া হোৱা বুলি জানিব পাৰি, পেহীৰ লগত ময়ো চাবলৈ গ'লোঁ। ঘৰলৈ ঘূৰি আহি, পাকঘৰত ৰন্ধাৰ কামত ব্যস্ত হৈ থকা পেহীৰ ওচৰত পীৰা এখনত বহি লৈ ক'লোঁ, "ও পেহী আতাৰ ভৰি দুখন ইমান ফুলিছে, বেছি দিন নাথাকিব কিজানি"। মোৰ মুখখনত পেহীয়ে হাতেৰে বন্ধ কৰি ধৰিলে, কোনোবাই শুনিব বুলি। পিছদিনা ধলপুৱাতে হুলস্থুল লাগিল। মই চকু মোহাৰি মোহাৰি বাহিৰলৈ ওলাই আহি গম পালোঁ যে আতা আৰু নাই, স্বৰ্গগামী হ'ল। ঘৰৰ কাষতে থকা নিজৰ খেতিৰ মাটিতে আতাৰ অন্তিম সংস্কাৰ সাধন কৰা হৈছিল। পেহীয়ে মানা কৰাৰ পিছতো মই ওচৰত গৈ চাইছিলোঁ। মনত কৌতুহল আছিল মৰাৰ পিছত মানুহটোৰ কি হয় জানিবৰ বাবে। এতিয়াও মনত আছে, আতাৰ ভৰি দুখন জ্বলি থাকোঁতে তাৰ পৰা পানী সৰি পৰিছিল। ন, দহ বছৰীয়া মই ভয় খাম বুলি, পেহীয়ে নানান কথা কৈ সকলো পাহৰাবলৈ চেষ্টা কৰিছিল। কিন্তু ই যে চিৰ সত্য, সেই বয়সতো অকণো ভয় ভাব অহা নাছিল। এতিয়া বুজিছোঁ সেয়া যে কাৰোবাৰ মুক্তিৰ দৃশ্য আছিল।

আতাৰ মৃত্যুৰ আগজাননী দিয়া বুলি ইকাণ-সিকাণ কৰি সকলোৱে গম পালে, মোৰ বিশেষত্বৰ কথা। তাৰ পিছত আৰু কোনে পায়, যাকে যি কওঁ তাকেই কৰি দিয়ে, আনি দিয়ে। তথাপি যাতে মুখেৰে অশুভ বাক্য নকওঁ, সেইটোৱেই সকলোৱে আশা কৰে। পিছলৈয়ো মুখৰ অসৎ বাক্য কিছুমান ফলিয়াইছিল, সেইটো সকলোৱে মনত ৰাখি, পিছত মোক কৈছিল। কিন্তু সৎ বাক্যও যে দুটামান ফলিয়াইছিল, সেই কথা বা কিমানে মনত ৰাখিছে, সন্দেহ।

কিছুদিন আগলৈ সকলো ঠিকেই আছিল। মানে নিজৰ মুখৰ বাক্যক লৈ এটা গৰ্ব ভাব আছিল‌। কথা কওঁতে, যাতে ভুল বাক্য নোলায়, তাৰ বাবে সচেতন হৈ থাকিছিলোঁ। তেতিয়ালৈ দাঁতৰ কোনো সমস্যাই দেখা দিয়া নাছিল। পিছে দুবছৰ গতিকে, এটা এটাকৈ ওপৰৰ পাৰি দাঁতৰ দুফালৰ দুটা দাঁত উলিয়াই পেলাব লগীয়া হ'ল। মানে অযত্নৰ ফলত পোকে খালে। থাকিল ত্ৰিশটা দাঁত। দুদিনৰ আগতে ওপৰৰ পাৰিৰে এটা দাঁতৰ আধা ফাল ভাঙি থাকিলে। এতিয়া থাকিল চাৰে ঊন্ত্ৰিশটা দাঁত। বয়সৰ লগত এনেবোৰ সমস্যা হোৱাটো স্বাভাৱিক, সেয়ে বিশেষ চিন্তা কৰা নাই।

পিছে কথা হ'ল মোৰ বিশেষ গুণটো নোহোৱা হৈ যাব নেকি বাৰু! কিন্তু প্ৰথমবাৰ কথা ফলিয়াওঁতে বত্ৰিশটা দাঁত গজাই নাছিল দেখোন। হয়তো এটাও দাঁত নোহোৱা হ'লেও একো সলনি নহয়। মানুহৰ স্থিতিহে সলনি হয়, অস্তিত্ব একেই থাকে। সেয়ে বৰ্তমান সময়টো ভাবি-গুণি মুখ খুলিবলৈ চেষ্টা কৰোঁ।।


পৃষ্ঠাঃ ৩৭
অনুভৱঃ

 শৈশৱৰ পূজাৰ মাদকতা
প্ৰস্তুতি শৰ্মা
অঙ্গনৰ প্ৰতিনিধি
গোলাঘাট

       শৰৎ মানেই পূজা।পূজা মানেই  যেন শৰৎ ।সচাকৈয়ে শৰৎ যেতিয়া পৃথিৱীলৈ আহে শেৱালীৰ সুবাস লৈ আমাৰ সকলোৰে মনবোৰ আনন্দেৰে ভৰি পৰে।। সৰু হৈ থাকোঁতে পূজা আহিলে মোৰ আনন্দৰ সীমা নাথাকে। বহুত দিনৰ আগৰ পৰাই পূজালৈ আগ্ৰহেৰে বাট চাওঁ। বিশেষ কৈ পূজাৰ নৱমী দিনালৈ । সেই দিনটোৱেই আছিল শৈশৱৰ পূজাৰ আটাইতকৈ ভাল লগা দিন।কাৰণ নৱমী দিনা আমাক কুমাৰী পূজা কৰিছিল। সেইদিনা আমাক চাদৰ মেখেলা পিন্ধাই দেৱীৰ দৰে সজাই দেৱীৰ আগত পূজা কৰিছিল আৰু বিভিন্ন বস্তু দিছিল। বিশেষ কৈ পূজাত আমাক দিয়া খাৰু মণিৰ টোপোলাটো পালেই একো নালাগিছিল। মই একেৰাহে  কেইবা বছৰো পূজা কৰিছিলো আৰু এতিয়া ডাঙৰ হলো। এতিয়া সেই সুখবোৰ নাই। মাথো‌ঁ এতিয়া ডাঙৰ দায়িত্ব। জীৱনে সময়ৰ লগত ভাজ ল'লে। কাঢ়ি নিলে শৈশৱৰ আমেজবোৰ । বেলুন পেপাৰ মাতৰ মাজত দৌৰোতেই ১৮ বছৰীয়া হ'লো, হেৰাই গ'ল‌ সেই অভিমানবোৰ । পূজা আহিলে এতিয়াও মনত পৰে শৈশৱৰ আমেজবোৰলৈ।।


পৃষ্ঠাঃ ৩৮

অনুভৱঃ

 শৰতৰ এমুঠি অনুভৱ

বিজু বৰঠাকুৰ
জাঁজী জামুগুৰি
শিৱসাগৰ

আহিনৰ দুবাহুত ধৰি শৰতৰ আগমন হয় । শেৱালিৰ সুবাস লৈ শৰতৰ কোমল নিয়ৰ কণা গালে মুখে সানি শাৰদী ৰাণী আহিছে সাজি কাচি । আহিনৰ পদশব্দত বেলিটোৱেও যেন তাৰ সমস্ত কঠোৰতা শেষ কৰি কোমলতাৰে বানে ধোৱা পৃথিৱীলৈ লৈ আহে কোমল কোমল মিঠা মিঠা লগা ৰ'দৰ পৰশত ফুলি উঠা কঁহুৱা কোমল বতৰা । স্নিগ্ধ জোনাকৰ শীতলতাত নিয়ৰসিক্ত দুবৰিৰ বুকুত জিলিকি ৰয় নিয়ৰৰে মুকুতা মণি। চেঁচা চেঁচা লগা প্ৰকৃতিৰ এই মধুময় সময়খিনিত চঞ্চলা হৈ পৰা কঁহুৱা ডৰাইও যেন আকুলতাৰে ৰিঙিয়াই মাতে আৰু প্ৰাণ খুলি হাঁহে । শৰৎ অহাৰ জাননী পালেই আকাশখনীয়ে শুভ্ৰ নীলা ৰঙ সিঁচি দিয়ে । পুৱতিৰ পাতল কুঁৱলীৰ কণাই দুবৰি বনত ওমলে । বৰষাই ধুই যোৱা পৃথিৱীলৈ শৰৎ এনেকৈয়ে আহে । নীল বৰণীয়া আকাশত মৌনতাৰে বগা বগা দুই এচপৰা ডাৱৰে মাজে মাজে লুকা ভাকু খেলে । যেন অভিমানী প্ৰেয়সীৰ পদুলিলে সঘন আহ যাহ কৰে । শৰতৰ সেউজীয়া পথাৰত কুঁৱলীৰ পাতল ওৰণি টানি ৰ'দত তিৰবিৰাই মিচিকিয়া হাঁহি ৰে কুঁৱলী পলাই । কৃষকৰ সেউজীয়া সপোনৰ লিহিৰি পাতবোৰে শৰতক পালে নিয়ৰত গা ধুই হালি জালি নাচে , গাভৰু হোৱাৰ উলাহত গীত জোৰে । কোমল বতাহ জাকে শইচৰ পথাৰখনক আলফুলে চুমা যাচে ।পক্ষীহঁতৰ ডেউকাত সপোনে ওমলে  ,আকাশ চুই চোৱাৰ হেঁপাহেৰে  জাক পাতি উৰি যায় শৰালি জাক ।
        মনোমোহা শৰতৰ বেলিটোৱে নদীখনত গা ধুই গুচি যাবলৈ খৰখেদা লগায় ।শৰতৰ ফৰিং ফুটা জোনাকত মৃদু সমীৰণে আলফুলে শেৱালিৰ সুবাস বিলাই মনবোৰ ৰঙীয়াল কৰে ।শৰতৰ দৰে প্ৰতিটো ঋতুৰে নিজস্ব সৌন্দৰ্য আৰু মোহনীয়তা আছে । প্ৰকৃতিয়ে প্ৰতিটো ঋতুক উদাৰ ভাবে দান কৰা ঋতুৰ সৌন্দৰ্য খিনি একান্তই নিজৰ সম্পদ  ।বহাগৰ কুঁহিপাত শৰৎৰ ৰূপোৱালী জোনাক , নিৰ্মল আকাশ  ,কঁহুৱা ডৰা , শেৱালিৰ সুবাস ,নিয়ৰৰ কণা শৰতৰ নিজস্ব সম্পদ । ই কাৰো সতে তুলনা নহয়  ।শৰৎ নিজেই অপৰূপ ,অনন্য ,অপূৰ্ব আৰু অতুলনীয় ,স্নিগ্ধতাৰ অন্য এটা নাম শৰৎ ।
        আমাৰ এই ধুনীয়া ধৰণীখনৰ ঋতুবোৰৰ সৌন্দৰ্য বোৰ ধৰি ৰখাৰ দায়িত্ব কিন্তু মানৱজাতিৰ হাতত । মানুহ আৰু প্ৰকৃতিৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সংঘাত নাইকিয়া কৰিব লাগিব । নহ'লে সেউজীয়া ধৰণীখন ক্ৰমাৎ তৰু তৃণবিহীন এখন মৰুভূমিত পৰিণত কৰিবলৈ আমি গৈ আছো । বিশ্বৰ প্ৰান্তে প্ৰান্তে জ্বলি থকা প্ৰকৃতিৰ ধ্বংস যজ্ঞৰ লেলিহান শিখাত ঘৃতাহুতি দিয়া মানুহৰ সীমাহীন লালসা দূৰ কৰিব লাগিব ।অন্যথা প্ৰাকৃতিক অৱক্ষয়ৰ প্ৰভাৱৰ পৰা মানুহ বাচি থাকিব নোৱাৰিব । আহক আমি সকলোৱে একে লগ হৈ এই বিনন্দীয়া ধৰণীখন চিৰকাল সুজলা সুফলা কৰি যুগে যুগে আগমন ঘটাও শৰতক । শৰৎ সীমাহীন প্ৰেমৰ প্ৰতীক অফুৰন্ত প্ৰেমৰ স্বাক্ষৰ।।



পৃষ্ঠাঃ ৩৯
মােৰ ভ্রমণ ডায়েৰী' - ৬


পাৰাঝাৰ
শর্মীষ্ঠা বর্মন
নতুন দিল্লী

        এইবাৰ মোৰ যাত্রাৰ লক্ষ্যস্থান হ'ল ৰাজস্থানৰ 'ৰাৱটভাটা' ৷ ২০১৩ চনৰ জুলাই মাহ ৷ বৰষুণৰ বতৰ ৷ গতিকে ফুৰাৰ সময় নহয় ৷ তথাপিও যোৱাটো জৰুৰী ৷ কাৰণ 'ৰাৱটভাটা'ত থকা মোৰ ভাইটীৰ ছোৱালীজনীৰ অন্নপ্রাশন ৷ কণমানি ভতিজীজনীৰ জীৱনৰ প্রথম উৎসৱত উপস্থিত হ'বলৈ মোৰ যিমান হেঁপাহ তাতোকৈ বেছি গুৰুত্বপূর্ণ কথাটো হ'ল মোৰ দায়িত্ব ৷ বাৰিষাৰ বতৰত সুদূৰ  বৰাক উপত্যকাৰ পৰা ভাইটীৰ 'ৰাৱটভাটা'ৰ ঘৰৰ প্রথম উৎসৱটিত উপস্থিত হ'বলৈ কোনো আহিব নোৱাৰা বাবে ওচৰত থকা বুলি মোৰ যোৱাটো বাধ্যতামূলক হৈ পৰিল ৷ এইবাৰৰ যাত্রাৰ দলত আছে মোৰ প্রত্যেক যাত্রাৰ স্থায়ী চাৰিজন সদস্য অর্থাৎ মোৰ লগতে ল'ৰা-ছোৱালীহাল আৰু সিহঁতৰ দেউতাক ৷ এইবাৰ আমাৰ  লগত মোৰ শহুৰদেউতাও ওলাল ৷
       
      দিল্লীৰ নিজামুদ্দিন ৰেলৱে ষ্টেচনৰ পৰা দুপৰীয়া কোটা অভিমুখী ৰেলেৰে যাত্রা আৰম্ভ কৰিলো ৷ ঘৰৰ পৰা ওলোৱাৰ সময়ৰ পৰাই এজাক বৰষুণে আমাৰ লগ ধৰিলে ৷ বৰষুণজাকে আমাক মথুৰা ষ্টেচনলৈ লগ দিলে ৷ নিশা আঠ বজাত আমি কোটা পালোগৈ ৷ ভাইটী ইতিমধ্যে আমাৰ বাবে তাৰ নিজৰ গাড়ীখন লৈ ষ্টেচনত ৰৈ আছিল ৷ 
 
    কোটাৰ পৰা আমি ৰাৱটভাটা অভিমুখে ৰাওনা হ'লো ৷ বাটত পালো 'মুকুন্দ্রা টাইগাৰ ৰিজার্ভ' ৷ কোটাৰ ৰজা মুকুন্দ্রাৰ নামত এই অভয়াৰণ্যৰ নামাকৰণ কৰা হৈছে ৷ জীৱিত কালত ৰজা হেনো ইয়ালৈ চিকাৰ কৰিবলৈ আহিছিল ৷ এই অভয়াৰণ্য নাহৰফুটুকীয়া বাঘৰ বাবে বিখ্যাত ৷ ভাইটীয়ে আমাক বাহিৰলৈ চাই থাকিবলৈ দিলে ৷ বনৰীয়া জীৱ-জন্তু হেনো কেতিয়াবা কেতিয়াবা এই বাটলৈ ওলাই অহা দেখিবলৈ পোৱা যায় ৷ মামাকৰ কথাষাৰ শুনি মোৰ ল'ৰাটোৱে অত্ত্যুতসাহেৰে সুধিলে,
     "মামা,বাঘ দেখা পামনে ?"
"তোমালোক নুশুবা, চকু মেলি বাহিৰলৈ চাই থাকা, বাঘ দেখা পাবা ৷"
মামাকে উত্তৰ দিলে ৷
     আমি বাঘ নেদেখিলো যদিও নীলগাই এজনীহে দেখা পালো ৷
     'মুকুন্দ্রা টাইগাৰ ৰিজার্ভ' পাৰ হোৱাৰ লগে লগে আমি চম্বল নদীখন দেখা পালো ৷ আমি গৈ থকা বাটটোৰ কাষে কাষে চম্বল নদীখন বহুদূৰলৈ বৈ গৈ আছিল ৷
     
      প্রায় দেৰঘণ্টামানৰ পাছত ৰাৱটভাটাৰ Rajasthan Atomic Power Station ৰ এলেকাত প্রৱেশ কৰিলো ৷ তাৰ কাষতে থকা Heavy Water Plant ৰ নির্দ্দিষ্ট আৱাসিক এলেকাত থকা ভাইটীহঁতৰ ঘৰত সোমালো ৷

     পিছদিনা পুৱাৰে পৰা ধাৰাষাৰ বৰষুণ ৷ আমিও পুৱাৰে পৰা অন্নপ্রাশনৰ কামত ব্যস্ত হৈ পৰিলো ৷ গধূলি ভাইটীহঁতৰ বিভাগীয় ক্লাৱঘৰত নৈশ ভোজৰ আয়োজন কৰা হৈছিল ৷ বৰষুণে তেতিয়ালৈকে লগ এৰা নাছিল যদিও মাত্রা অলপ কমাই দিছিল ৷ নিমন্ত্রিত অতিথিসকলে বৰষুণলৈ কেৰেপ নকৰাকৈয়ে নির্দ্দিষ্ট সময়ত উপস্থিত হৈছিলহি ৷ 
      অন্নপ্রাশনৰ পিছদিনা ভাইটীয়ে আমাক 'পাৰাঝাৰ' Water Fall দেখুৱাবলৈ লৈ গ'ল ৷ ই ৰাজস্থানৰ চিত্তর্গড় জিলাৰ ৰাৱটভাটাত অৱস্থিত ৷ তালৈ যাবলৈ ভাইটীয়ে জীপ এখনৰ ব্যৱস্থা কৰিলে ৷ জীপৰ যাত্রাত হেনো সেই ঠাইলৈ যোৱা বাটৰ বিশেষ মাদকতা অনুভৱ হয় ৷ সঁচাকৈয়ে জীপযাত্রা আমাৰ বৰ ভাল লাগিল ৷ চাৰিওফালে নির্জন, সমতল মুকলি ঠাই, কেৱল সেউজীয়া গছ-গছনি ৷ ভয়ো লাগিল বনৰীয়া জীৱ-জন্তু ওলাই আহি আমাক আক্রমণ কৰিবহি বুলি ৷ এসময়ত চালকজনে জীপখন নির্দ্দিষ্ট ঠাইত ৰখালে ৷ চৌদিশে সমতল দেখি ভাবিলো ক'তনো আছে এই Water Fall টো ? ই ধেমালী কৰিছে নেকি বাৰু ? মিছাতেই Water Fall বুলি কৈ নিজান হাবি এখনলৈ লৈ আহিছে ! সুধিয়ে পেলালো,"ঐ,ক'তনো আছে তহঁতৰ Water Fall টো" ৷
    "মনে মনে মোৰ পিছে পিছে আহি থাক"
       সি উত্তৰ দিলে ৷
সেই সমতল ঠাইডোখৰৰ পৰা হঠাৎ পাহাৰৰ পৰা নামি যোৱাৰ দৰে নামনিমুৱা বাট এটা পালো ৷ আমি সেই বাটেৰে তললৈ নামি যাব ধৰোঁতেই এজাক কিনকিনিয়া বৰষুণ আহি উপস্থিত হ'ল ৷ মই লগে লগে বেগৰ ভিতৰত ৰ'দ আৰু বৰষুণৰ সময়ত সদায় সাজু হৈ থকা ছাটিটো উলিয়াই ল'ৰা-ছোৱালীকেইটাক বৰষুণৰ টোপালৰ পৰা ৰক্ষা কৰাৰ অসফল প্রয়াস কৰিলোঁ ৷ সিহঁতে বৰষুণত তিতিবলৈ পাই দেখোন ফূর্তিহে পাইছে ৷ অৱশেষত ছাটিটোৰ তলত মই অকলেই থাকিলোঁ ৷

      লাহে লাহে বৰষুণৰ মাত্রা বাঢ়িবলৈ ধৰাত সেই বাটত থকা মন্দিৰ যেন লগা ঠাই এডোখৰত আশ্রয় ল'লোগৈ ৷ ভাইটীয়ে ক'লে এইটো হেনো পুৰণি মহাদেৱৰ মন্দিৰ ৷ কিন্তু মন্দিৰ যেন লাগিছে যদিও মন্দিৰ দেখা পোৱা নাই ৷ ভাইটীয়ে এফালে আঙুলিয়াই দি ক'লে, "এই গুহাটোৰ ভিতৰত মন্দিৰটো আছে ৷ "কৌতুহল বশতঃ হৈ গুহাটোৰ ভিতৰলৈ যাবলৈ উদ্যত হ'লো ৷ কি নিজান আৰু এন্ধাৰ পৰিৱেশ ৷ অলপ দূৰ গৈ ভয়তে উভতি আহিলো ৷ ভাইটীয়ে ভিনিহিদেৱেকক লৈ গুহাটোৰ ভিতৰলৈ গৈ মন্দিৰটো চাই আহিল ৷ ওলাই আহি মানুহজনে বৰষুণজাকক ধন্যবাদ যাঁচিলে ৷ কাৰণ বৰষুণজাক নহাহেঁতেন হয়তো এই গুহাটোৰ ভিতৰলৈ যোৱা নহ'লহেঁতেন ৷ 

     এইবাৰ যেনিবা বৰষুণজাক এৰিল ৷ পুনৰ নামনিমুৱা বাটটোৱেদি নামি গ'লো ৷ এইবাৰ Water Fallটো পালো ৷ কল্পনাই কৰিব নোৱাৰি, আহল-বহল সমতল ঠাই এডোখৰৰ তলত Water Fall এটা ! ধাৰাষাৰ পানী বাগৰি পৰি আছে ৷ এইটোৱে হৈছে আৰাৱলী পর্ব্বতৰ এটা অংশৰ পৰা বাগৰি অহা 'পাৰাঝাৰ' Water Fall.ইয়াৰ পানী ব্রাহ্মণী নামৰ সৰু নদীখনেৰে বৈ গৈ শেষত চম্বল নদীত মিলিছেগৈ ৷ 
     Water Fall ৰ পানীত  আমি সকলোৱে গা পা ধুই আনন্দ ফূর্তি কৰি ঘৰলৈ উভতিব ধৰিলো ৷ ঈশ্বৰৰ সৃষ্টিৰ অদ্ভুত কাৰিগৰীৰ কথা ভাবি ভাবি আমি ঘৰ পালোহি ৷

আগলৈ...
 

পৃষ্ঠাঃ ৪০
শিশু সাহিত্য:

সাধাৰণ জীৱন উন্নত চিন্তন
(Simple living high thinking )
ৰাজশ্ৰী বৰা
গোলাঘাট

মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ এই বাক্যশাৰীৰ গুৰুত্বতা মানৱজীৱনত অধিক। এই পৃথিৱীত সভ্য  জীৱন যাপন কৰিব পৰা একমাত্ৰ প্ৰাণী হৈছে মানুহ। সভ্যতাৰ উন্নতিত লগত মানুহে জীৱন ধাৰণ প্ৰণালীক সলনি কৰি আহিছে। অৰ্থাৎ সময়ৰ লগত মানুহে নিজক পৰিৱৰ্তন কৰিছে। এই  পৰিৱৰ্তন চিন্তাৰ ক্ষেত্ৰত অহা পৰিৱৰ্তনৰ বাবে সম্ভৱপৰ হৈছে।  আজিৰ উন্নত জীৱন মানুহৰ চিন্তা শক্তিৰ উন্নতি তথা বিকাশৰ এটি ফল।
    আমি সকলোৱে মহান ব্যক্তিসকলৰ জীৱন অধ্যয়ন কৰোঁ। সফল ব্যক্তিৰ  জীৱনৰ আঁৰৰ কাহিনীটো জানি উঠাৰ পাছত আমি সত্যটো আৱিষ্কাৰ কৰোঁ। প্ৰায়সকলৰ ব্যক্তিৰে জীৱনৰ সত্য এটাই যে তেওঁলোকে জীৱনত বহুত প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, বহু অশান্তি, বিপদ আৰু মানসিক কষ্ট সহি এদিন সফল ব্যক্তি লৈ পৰিণত হৈছে। প্ৰতিজন সফল ব্যক্তিৰে এটা কষ্টকৰ জীৱন গাথা থাকে। যিদৰে সোণ জুইত পুৰিলেহে অধিক উজ্জ্বল হয় একেদৰে মানুহৰ জীৱনৰ অৰ্থ তথা মনৰ শক্তি যন্ত্ৰণাৰ চেপাতহে অধিক স্পষ্ট হয়। বাৰে বাৰে বিফল হৈ মানসিকভাবে অশান্ত হৈ পুনৰ নিজকে সুস্থিৰ কৰি সময়ৰ লগত যুদ্ধ কৰিব পৰাজনেহে সফলতাৰ মুকুট শিৰত পিন্ধিবলৈ পায়। এয়া আমাৰ সকলোৰে জ্ঞাত বিষয়। এই সকলোবোৰ কথা আমি প্ৰায়ে দুৰ্বল এজনক কৈ মানসিকভাবে সবল কৰোঁ নহয়জানো। একেবোৰ কথা আমি শিশু সকলকো কৈ শুনাও। তেওঁলোকক প্ৰেৰণা যোগাব বুলি ভাবিয়ে আমি দেশ বিদেশৰ সফল ব্যক্তি সকলৰ জীৱন কাহিনী কৈ শিশুক অনুপ্ৰেৰণা যোগাওঁ।
   উক্ত বাক্যশাৰীকে  সঘনে আমি শিশুসকলক কওঁ অথবা ক'ব লাগে। কেৱল ক'ব লাগে নে ? প্ৰকৃততে এই বাক্যশাৰীক শিশু এটিয়ে নিজৰ জীৱনৰ মন্ত্ৰ স্বৰূপে মানিব পাৰিব লাগে। এইখিনি কৰিবলৈ শিশুক প্ৰেৰণা যোগোৱাটো আমাৰ প্ৰতিজনৰে দায়িত্ব বুলি মই ভাবো। কিয়নো এই বাক্যশাৰীৰে অনুপ্ৰাণিত হোৱা জনে নিজতকৈও আনৰ হিত সাধন কৰিব পাৰে।"সৰল জীৱন উচ্চ চিন্তন"-ভাবি চালে ই এক আচৰিত শক্তিবাণী।জীৱন দুদিনৰ অথচ এই দুদিনীয়া জীৱনত বহু প্ৰয়োজন। কিছুমান প্ৰয়োজন আমাৰ বিলাসী মনৰ আৰু কিছুমান জীৱন জীয়াই থকাৰ তাগিদাত। এতিয়া প্ৰশ্ন হয় যে আমি কিয় সৰল জীৱন পচন্দ নকৰোঁ ? আমাক কিয় এটা বিলাসীতাৰ জীৱন জীয়াবলৈ লাগে ? আমি অনবৰতে এটা আভিজাত্য জীৱনত কিয় বন্দী হৈ‌ থাকো ? আমি অনবৰতে পাৰ্টি কৰি কিয় থাকিব বিচাৰোঁ ? আনকি আমি আমাৰ শিশুটোকো সৰুৰে পৰা বিলাসী মনৰ গৰাকী কৰোঁ তাক বাৰে বাৰে এনে এটা পৰিবেশ প্ৰদান কৰোঁ য'ত সি জীৱনটোৰ সুখ বা উদযাপন মানে কেৱল বিলাসীতাকে বুজে। তাৰ চিন্তাত আমাৰ পাৰ্টি শব্দটোৱে বৰকৈ স্থান পাবলৈ লয় আৰু এদিন সি জীৱন কেৱল পাৰ্টি, আভিজাত্য আৰু বিলাসিতা বুলিয়ে ভাবে।
  প্ৰকৃততে এয়াই জীৱন নেকি ? মানুহ পৃথিৱীলৈ আহে হেনো নতুনত্বৰ সন্ধান কৰিবলৈ। আমি এই নতুনত্ব নিবিচৰাকৈয়ে  জীৱনক বিদায় দিবৰ হয় । কাৰণ আমি যে পাহৰিয়ে পেলাওঁ জীৱন কি?
  জীৱন কেৱল বিলাসীতাই নেকি ? বিশেষকৈ শিশুৰ বাবে জীৱন শব্দটোৰ ধাৰণা এইটো  নহয় আৰু হোৱাটো উচিত নহয়। জীৱন এটি সুন্দৰ উপহাৰ। আমি  মানুহৰ বাবে, সমাজৰ বাবে ,দেশৰ বাবে  কিবা এটা কৰিবলৈ ভগৱানে দিয়া সময়খিনিৰ নামেই জীৱন। য'ত দুখ সুখ সকলো পোৱা যায়। এই জীৱনতেই কষ্ট কৰাজনে এদিন এটা মিঠা ফল খাবলৈ পায়। দেশ তথা সমাজৰ হকে কৰাজনে মানুহৰ হৃদয়ৰ মৰম পায় আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মানুহজন নিজেই সুখী হয়। এয়া কিন্তু বাস্তৱ হয় তেতিয়াহে যেতিয়া মানুহজন সৰল মনৰ গৰাকী হয়। এজন মানুহে যেতিয়া নিজৰ চিন্তাত আনক ঠাই দিয়ে, দেশৰ, মানৱৰ কল্যাণক অগ্ৰাধিকাৰ দিয়ে সেইজনেই পৰম সুখত জীৱনৰ শেষ কলম লিখিব পাৰে। আমি সকলোৱে এই সকলোবোৰ কথা আওকাণ কৰি কেৱল সম্পত্তি আৰু বিলাসী জীৱনৰ পাছত দৌৰি থাকো আৰু শিশুক কওঁ- যে  জীৱনৰ পৰিচালনা simple living high thinking ৰে হ'ব লাগে।এয়া যে প্ৰয়োগ আমি নিজেই নকৰোঁ। কেৱল উপদেশ দিবলৈহে আমি বাক্যশাৰী ব্যৱহাৰ কৰোঁ।
   আমি শিশুক কিন্তু কথাষাৰ কৈয়ে দায়িত্ব সামৰিব নালাগে। সৰল জীৱন যাপনে মানুহক আনৰ কষ্ট, প্ৰয়োজন তথা পৰিমিত হ'বলৈ শিকায়। আপুনি মই এটা সহজ জীৱন যাপন কৰিব পৰা হ'লে আমাক বহুত বেচি অৰ্থৰ প্ৰয়োজন নহ'ব। কম পৰিমানৰ ধনত নিজৰ জীৱনৰ প্ৰয়োজন পূৰণ কৰিব পাৰিলে হয়তো উচ্চাকাংক্ষী হৈ আনৰ অপকাৰ কৰাৰ পৰা বিৰত থাকিব পাৰিম। কম পৰিমাণৰ উপাদানে জীৱন উদযাপন কৰিব জানিলে হয়তো প্ৰকৃতিৰ বুকুৰ বহু উপাদান কম পৰিমাণে ব্যৱহাৰ কৰিলেও হ'ব। বৰ্তমান আমাৰ ভোগ বেচি সেয়েহে প্ৰকৃতিৰ পৰিসৰো ঠেক হৈ আহিছে। গতিকে শৈশৱৰ পৰা শিশুক যদিহে সাধাৰণ জীৱন যাপন কৰাৰ সজ মনোবৃত্তিৰ গৰাকী কৰিব পৰা হয় তেন্তে শিশুৱে নিজৰ জীৱনৰ সৰহভাগ সময় বিলাসিতাতকৈ জ্ঞান আহৰণত নিয়োগ কৰিব আৰু সমাজৰ কল্যাণ সাধনৰ হেতু নিজ চিন্তাক প্ৰসাৰিত কৰিব।



পৃষ্ঠাঃ ৪১
গল্পঃ

সহোদৰ

আদৃতা শিৱম 

“এই বস্তুটোৰ কোনো প্ৰিঞ্চিপ'ল নাই বুজিছ’ ৷ দুখতো ওলায় ৷ আনন্দতো ওলায় ৷” 

টি.ভিত বাজি থাকে বিধাতা কথাছবিৰ সংলাপ ৷ তাইৰ চকুহাল সজল হয় ৷ চকুৰ কোণ দুটাৰে নিগৰি আহে দুধাৰি লোতক । 
কিয় ইমান ভালপোৱা !! 
অলপ কথাতে চকুপানী টুকিবলৈ তাইতো সৰু ছোৱালী নহয় ! 

ককায়েকটোৱে সৰু কৰি ৰাখিলে তাইক ৷ 
এতিয়া সিয়েই কয় ;
 : মানুহক কথা কেনেকৈ ক’ব লাগে নাজান’ ৷ অচিনাকি ছোৱালীজনীৰ আগত দিলি কৈ সহজে ৷  মই কি ওস্তাদি কথা কওঁ !
হুচ্‌ অহাই নাছিল তেতিয়ালৈকে ককায়েকক লাগ-বান্ধ নোহোৱাকৈ কথা কোৱা ভেটকলিজনীৰ ৷ 
: তোৰ খং উঠাইছিলো ৷ হিঃ হিঃ ৷
: হাঁহিব আহিছ ! লাজটো দিবলৈয়েতো ক’লি ৷

ৰৈ গ’ল তাইৰ হাঁহিটো ৷ মোলান পৰি গ’ল মুখখন ৷ ভুল এটা হৈ গ’ল তাৰমানে আজিও ৷ কি কৈছিল তাইৰ মনত নাই ৷ কিয় কৈছিল তাকো মনত নাই ৷ ককায়েক বুলিলেই উৰুলিকৃৎ আৱেগ এটা বৈ থাকে চৌপাশে ৷ টপ্‌টপাই কথা কোৱা ছোৱালীজনীৰ ভাবি চাবলৈকে নহ’ল একো  ৷  

সি দুখ পালে মনত ৷ খং উঠা হ’লে একো কথা নাছিল ৷ কিন্ত মন বেয়া হৈ গ’ল ৷ তাৰ মাতষাৰ ইমান গধুৰ !! তাক দুখ দিয়াৰ অনুশোচনাই বিন্ধিলেহি তাইৰ বুকু ৷ 
বিষাই উঠিল টিপচি চৰাইৰ কলিজাখন ৷ 
কি কৰি নিচুকাব পাৰি তাক !! তাইৰ আদৰৰ ককায়েকটোক !! 

“নুশুনো মই তোৰ একো কথা ৷” শুই থাকিছিলগৈ সি ৷ দেখা নাছিল উচুপি থকা তাইক ৷ উজাগৰ চকুত বেজাৰৰ ৰঙচুৱা সানি ককায়েকৰ ওচৰত তাইহে নতুনকৈ থেহ্‌ এটা পাতিছিল ; “নাপাতো মই তাৰ লগত কথা ৷”

বিষাদ কাক কয় তায়ো জানে ৷ বিষাদক তাই বৰ ওচৰৰ পৰা চিনে ৷ জীৱনে চিনাইছে তাইকো সুখৰ ৰামধেনু , দুখৰ বাৰিষা ৷ গাৰুটোত মুখ গুজি পৰি ৰয় তাই ৷

তাইৰ চকুৱে মুখে ওলমি থকা বিষাদ আঁতৰাই হাঁহি এটা পিন্ধাবলৈ ককায়েকটোৰ বাদে আছেই বা কোন ! 
সিওচোন জোকাই ৰং চায় ৷ কোনো নাই তাইৰ ৷৷ কোনো নাই ৷৷

বেক‌্ভিলাত সোমাই চিকেন ৰ’ল এটাৰ অৰ্ডাৰ দিয়ে সি , 
: পেকিং কৰি দিবা ভালকৈ ৷ 
তাৰ মইনাচৰাইজনীক কোলাত লৈ নুখুৱালে আজি একোৱেই মুখত নিদিয়ে তাই ৷ সি জানে ৷ সি জানে তাৰ মাতৰ স্বৰ অলপ টান হ’লেই তাই লুণীয়া বৰষুণত তিতে ৷ নকন্দুৱাও বুলি বেছিকৈ কন্দুৱাইহে নেকি ফুল আলসুৱা ছোৱালীজনীক !!

হাঁহিবোৰ অাখৈ উফৰাদি উফৰিছে ৷ পদূলিলৈকে শুনা গৈছে ককায়েক-ভনীয়েকৰ বৰআখৈয়া হাঁহি ৷ মাকে যতনাই দিয়া চাহৰ কাপটো লৈ সন্তুষ্টিৰে এশোহা মাৰি সি হৈ উঠিছে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ ৷ আৰু তাই ! দুখ-বেজাৰ কি নজনা এজনী কণমানি। 


পৃষ্ঠাঃ ৪২

গল্পঃ

মালিতা

হজৰত আলী
৮৬৩৮৬২৩১২০

       ভূমিকা মালিতাতকৈ বয়সত দুবছৰ ডাঙৰ ৷ দুয়ো আপোন বাই-ভনী নহ’লেও একে তেজ সিহঁতৰ সিৰা- উপসিৰাত বৈছে ৷ যৌথ পৰিয়ালৰ সমস্যা বাৰু কোন মানুহে নাজানে ? সকলোৱেই জানে ৷ মুঠিয়ে মুঠিয়ে আৱৰি ধৰা সমস্যাৰে জৰ্জৰিত হৈ পৰিছে ভুমিকা আৰু মালিতাৰ যৌথ পৰিয়ালটোত ৷ লহপহীয়াকৈ বাঢ়ি অহা মালিতাৰ প্ৰতি পাগল দেউতা আৰু মাকৰ এতিয়া এশ একুৰি চিন্তা, কিয়নো মালিতা ডাঙৰ -দীঘল হৈছে, বিয়া বাৰু দিব লাগে ৷ এফালে দিন কালও যে বেয়া ! মালিতাৰ আইতাকে কোৱা কথা এষাৰ দেউতাৰ মনত আঁচ বহুৱাই দিছে :" কালৰ কাল মহাকাল/ জীয়ৰীক ল’ই মাক- বাপেকে দেখে সমস্যাৰ জাল ৷" এই কথা ফাকিৰ প্ৰতি সঁহাৰি জনাই কাঠলীপাৰা গাঁৱৰ প্ৰতিজন হৃদয়বান লোকে নিজ কন্যা সন্তানক কুমলীয়া বয়সতেই বিয়া পাতি দিছে ৷
        সমস্যা, কেৱল সমস্যা ৷ ছোৱালী মানুহ ঘৰত থাকিলে মাক-দেউতাকৰ মহা চিন্তা হয়-- কিজানিবা কোনো দুষ্ট ল’ৰাই পলুৱাই লৈ যায় ৷ এই বেমাৰতেই পৰি বাৰ বছৰ বয়সতে স্বামীৰ মুখ দেখিবলগীয়া হৈছিল মালিতাৰ বায়েক ৰূপায়ে ৷ এতিয়া মালিতাৰ দুজন ভাগিন আৰু এজনী ভাগিনী। ভাগিন- ভাগিনীয়ে যেতিয়া মালিতাৰ ঘৰলৈ আহে তেতিয়া যেন ঘৰখনত ৰাসমেলা আৰম্ভ হৈ যায় ৷ কেৱল ৰূপাৰেই সা- সন্ততি নহয়;  ভূমিকাৰ দুজনী বায়েকৰ সাতজন ল’ৰা-ছোৱালীয়ে মালিতাৰ ঘৰখনত আহিলে পুঠি মাছৰ বজাৰ বহে ৷
        মালিতাই ভাগিন- ভাগিনীসকলক লগতলৈ পাশা, কুদ্‌কুদ্‌, ডাংগুটি, চিৰিক, লুডু, চোৰ ধৰা ইত্যাদি খেলি ভাল পায় ৷ তাই ডাঙৰ হৈছে, তথাপিও সৰুকালৰ অভ্যাসটো এতিয়াও এৰিব পৰা নাই  ৷ ভাগিন- ভাগিনীহঁতেও মাহীয়েকৰ লগত নানা ধৰণৰ খেল- ধেমালি কৰি ভাল পায়। ঘৰৰ কাম বনৰ প্ৰতি ঔদাৰ্য, পঢ়াশুনাৰ প্ৰতি একাগ্ৰতা আৰু আনৰ প্ৰতি মৰম চেনেহ আৰু শ্ৰদ্ধা দেখুওৱা মালিতাৰ মনটো মাজে মাজে জ্বলামুখীলৈ ৰূপান্তৰ হৈ পৰে ৷ যৌথ পৰিয়ালৰ এয়া এক ডাঙৰ সমস্যা ৷
          নৱম শ্ৰেণীত পঢ়ি থকা ১৫ বছৰীয়া মালিতাই এদিন ভাগিনীহঁতৰ লগত কুদ্‌কুদ্‌ খেলি আছিল ৷ কুদ্‌কুদ্‌ খেলখন খেলিবলৈ হ’লে জঁপিয়াই জঁপিয়াই এটা সৰু পাথৰ বা টালিৰ টুকুৰা কেইটামান কোৰ্ট পাৰ কৰাব লাগে ৷
         “ তোৰ লাজ নালাগে, ডাঙৰ হৈয়ো জঁপিয়াই জঁপিয়াই খেল খেলি থাকা ? ছোৱালী মানুহ খেলিব নাপায় নহয় ৷ আজি স্কুল বন্ধ যদি ঘৰৰ কাম কৰগৈ যা ৷ অ’ মাই গ’ড, চোতাল- নঙলামুখত ইমানবোৰ জাবৰ-জোথৰ ! এইবোৰ কোনে ছাফা কৰিব, মালিতা ? যা যা এইবোৰ সোনকালে পৰিষ্কাৰ কৰগৈ ৷ আলহী আহিব পাৰে ৷ আলহী আহিলে আমাক লেতেৰা মানুহ বুলি নকবনে ?”
          মালিতাই মাক আৰু খুড়ীৰ ঘৰুৱা কামত বহুত সহায় কৰে ৷ নকৰিবই বা কিয় ? গাঁৱলীয়া সমাজত ছোৱালীয়ে মাকৰ কামত সহায় কৰিবই লাগে ৷ পঢ়া-শুনাও কৰিব লাগে আৰু ঘৰুৱা কামও কৰিব লাগে ৷ নিজৰ পঢ়া-শুনাক জ্বলন্ত জুইলৈ ঠেলি দি যৌথ পৰিয়ালটোত থকা হাজাৰ কাম কৰিবলৈ বাধ্য মালিতা ৷ পঢ়া-শুনা কৰি ডাঙৰ মানুহ হ’ব, দেশ সেৱাত ব্ৰতী হ’ব ইত্যাদি লক্ষ্য বুকুত বান্ধি লৈছে জ্ঞানভিলাষী ছোৱালীজনীয়ে ৷ লক্ষ্য থাকিলেই জানো মালিতাৰ যৌথ পৰিয়ালটোত সেয়া দিঠকত পৰিণত হ’ব ? ক’ৰ  চুক কেইটা নজনা মালিতাৰ মাক ৰুহানাই ছোৱালীজনীক কলেজলৈকে পঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷তাইৰ পঢ়া-শুনা খুড়াদেৱৰ ছোৱালী ভূমিকাতকৈ হাজাৰ গুণে চহকী।
       খুড়া সাগৰে মালিতাক পঢ়িবলৈ টেবুল এখনকে এতিয়ালৈকে বনাই দিয়া নাই, অথচ খুড়াদেৱ পৰিয়ালটোৰ পা-পইচাৰ গাণনিক ৷ পগলা দেউতাকে মাটি মাহ, সৰিয়হ, জলকীয়া, মৰাপাট ইত্যাদি বজাৰত বিক্ৰী কৰি পাই টু পাই হিচাপ জমাব লাগে ককায়েক সাগৰৰ হাতত ৷ কিমান টকা খৰচ হ’ল সংসাৰৰ কাৰণে বা কিমান টকা ৰাহি থাকিল এই হিচাপ মালিতাৰ দেউতাকে গাণনিকৰ পৰা আজিলৈকে এবাৰো পোৱা নাই ৷ পাগল মানুহজনে প্ৰতিবাদো কৰিব নোৱাৰে ৷ কেতিয়াবা প্ৰতিবাদ কৰেও যদি গাঁৱৰ মানুহে তাৰেই ভুল খুচুৰিয়াই থাকে ৷ উপায়বিহীনভাৱে ঘৰ-বাৰী-পথাৰ ইত্যাদিত গাধৰ দৰে পৰিশ্ৰম কৰিবলগীয়া হয় মালিতাৰ দেউতাকৰ ৷ দিন ৰাতি মূৰৰ ঘাম মাটিত পেলাই পথাৰত কাম কৰি কঁকালখন জিঞা কঁকাললৈ ৰূপান্তৰ কৰিছে, অথচ চিকিৎসাৰ বাবদ ঠন্‌ ঠন্‌। কেতিয়াবা ফাৰ্মাচীলৈ যাব লগা হ’লে ৰুহানাই হাঁহ কুকুৰা বিক্ৰী কৰি জমা কৰা জেপৰ পইচা লৈহে যাব লাগে ৷
        ভূমিকাই যোৱা বেলি মেট্ৰিক পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হৈ এতিয়া বিলাসীপাৰা হোষ্টেলত থাকি বিলাসীপাৰা কলেজত পঢ়ি আছে ৷ হয়তো এদিন এই কলেজখনতেই মালিতা পঢ়িব ।
       জীৱনভৰ টিপচহী মাৰি জীৱনটো পাৰ কৰা পবনে জীয়েকৰ সুখ- দুখৰ কথা কেতিয়াও ভবা নাই ৷ মাক ৰুহানা নাথাকিলে মালিতাই লাঠি-কিল- ভুকু খাই অপৰাধীৰ নিচিনাকৈ জীৱনটো পাৰ কৰিবলগীয়া হ’লহেঁতেন!
         তাই হৃদয় ভৰ্তি দুখ লৈয়ে জীয়াই থাকিলে উৱলি যোৱা ক্ষীণকায় ঘৰখনত; অথচ একে পৰিয়ালৰে আনখন ঘৰ টিনপাতৰ ৷ বেৰ চাৰিটাও টিনপাতেৰে দিয়া ৷ সাগৰে কেতিয়াও ভাবি থকাই নাই ভায়েকৰ জুপুৰিটো ভাঙি টিনপাতেৰে সজোব লাগিব ৷ কথাতে আছে নহয়---  নিজৰ ভাল লাগি থাকিলে বেমাৰী জনৰো নিশ্চয় ভাল লাগি থাকে ৷
         ধুনীয়া, আকৰ্ষণীয় আৰু উজ্জ্বল চেহেৰাৰ মালিতাই মন গধুৰ কৰি থাকিবলগীয়া হয় হাজাৰ জোৰা-টাপলি  দিয়া জুপুৰি ঘৰখনৰ ভিতৰত ৷ ইমানবোৰ গুণ থকা ছোৱালী ভগা জুপুৰিত জানো শোভা পায় ? এনেখন সময়ত নিষ্প্ৰভ হৈ পৰে তাইৰ ভগ্ন হৃদয়খন ৷
        এদিন পাকঘৰত ভাত খাবলৈ বহি সাগৰে ৰুহানাক ক’লে, “ মালিতাৰ মাক, মালিতাৰ কাৰণে আজি এটা ল’ৰা চাই আহিলোঁ ৷ ল’ৰাটো দেখাত শুনাত বহুত ভাল....মালিতাক বিয়া দিব লাগিব ৷”
      মালিতাৰ মাকে আচৰিত হৈ পৰিল ৷
      “ আপুনি এইবোৰ কি কয় ? এই ফুলকুমলীয়া বয়সত তাইক বিয়া দিব নোৱাৰো নহয়। তাৰোপৰি তাই পঢ়া-শুনাত অতি প্ৰখৰ ৷ তাইক কলেজলৈকে পঢ়াম বুলি ভাবিছোঁ ৷” মালিতাৰ মাকে দুখ প্ৰকাশ কৰি ক’লে ৷
        মালিতাৰ জীৱন এনেই দুখ কষ্টৰ তাতে আকৌ জীৱন গতিত তমস । খুড়াদেৱৰহ আগত কৈফিয়ৎ কৰাৰ সাহস তাইৰ নাই ৷
        “ চোৱা, আমি দুখীয়া মানুহ, সন্তানক শিক্ষিত কৰাৰ সামৰ্থ আমাৰ নাই আৰু ছোৱালী মানুহক শিক্ষিত কৰায়েই বা কি ফায়দা---  বিয়া দিলেই দেখোন সকলো জঞ্জাল শেষ হ’ব; জামেলা মুক্ত হ’ব পাৰিবা তোমালোক ৷ আৰু শুনা--- এতিয়া লক ডাউন চলি আছে, গতিকে আয়োজনো কৰিব নালাগিব ৷ আয়োজন কৰিলে পুলিচে আহি পিটিব, গতিকে আমি চুপে চুপে বিয়াখন পাৰ কৰিব পাৰিম আৰু খৰচ- পাতিও বেছি নহ’ব....৷”
         সাগৰৰ দীঘলীয়া বক্তব্য শুনাৰ মন মানসিকতা আৰু ইচ্ছা নাথাকিলেও মুখ গুজি সকলো কথা ৰুহানাই শুনিবলৈ বাধ্য ৷
       মাকে মান্তি নাথাকিলেও মালিতাৰ খুড়াই এটা ৰাতি বাৰ বজাত আনখন গাঁৱৰ  ল’ৰাজনক তুলি আনি মালিতাক তাৰ লগত বিয়া পাতি দিলে ৷ বাধ্য হৈ তাই ল’ৰাজনৰ লগত শহুৱেকৰ ঘৰলৈ যাবলগীয়া হ’ল ৷ সকলো আশা, সকলো আকাংক্ষা আদিক জলাঞ্জলি দি তহিলং হোৱা মনটোক লগত লৈ জীৱনৰ নতুন উকা পৃষ্ঠাত ভৰি দিলে তাই ৷ কাঠৰ পক্ষী হৈ যেন তাই নতুন ঘৰখনত মিহলি হৈ পৰিল ৷ এতিয়া তাই নাজানে জীৱন মানেনো কি! তাই এতিয়া এই নিদাৰুণ পৃথিৱীত জীয়াই আছেনে নাই তাকো নাজানে ৷
        ৰাতিৰ শেষ ভাগটোত লাহে লাহে বৰষুণ দিব ধৰিছে ৷ মানুহেও মহানিদ্ৰাতেই আছে ;  মাথোঁ যিসকল মানুহৰ ঘৰ বানপানীত ডুবি আছে সেই সকল লোকেহে সম্ভৱ কষ্টৰে উজাগৰে কটাই আছে ৰাতিটো ৷ বছৰটোত একেৰাহে চাৰিবাৰকৈ বানপানীয়ে গাঁৱখনৰ শান্তি হৰণ কৰিছে ৷ মালিতাৰ শহুৱেকৰ ঘৰৰ সদস্যসকলেও মহানিদ্ৰাত বিছনাত পৰি আছে ৷
        “ মালিতা, উঠ, সোনকালে আহ, ৰাতি পুৱাবৰে হ’ল ৷”--- কোনোবাই মালিতাক মাতিলে ৷
        শব্দবিহীন ভৰিৰ খোজেৰে স্বামীৰ কাষৰ পৰা ম্লান পৰা হৃদয়খন লৈ বাহিৰলৈ ওলালে ৷
       “ আহ, সোনকালে আহ ৷”
      মালিতাই গৈ থাকিল অকলশৰে ৷ ভয় নাখালে ৷ গৈ থাকিলে যে গৈয়ে থাকিল ক’ৰবালৈ....
       পুৱাত ঘৰখনত. হুৱাদুৱা ৷ কোনোবাই দৌৰি আহিছে ৷ কোনোবাই চাইছে। কোনোবাই হিয়া ঢাকুৰি কান্দিছে ৷ ....মালিতা গৈয়েই আছে; স্বৰ্গত নে নৰকত, কেৱল তাইহে জানে ৷
        তেতেলী গছজোপাৰ পৰা ৰছীডাল কাটি মালিতাৰ দেহটো নমাই আনিলে ৷


পৃষ্ঠাঃ ৪৩

ৰেচিপিঃ
ওট‌চ‌ৰ মালপোৱা



নিবেদিতা চৌধুৰী
বৰপেটা ৰোড
শিমলাগুৰি

    ওটচ্ গাখীৰেৰে বনাই খাই কেতিয়াবা আমনি লাগে। এনেকৈ মালপোৱা বনাই খাবচোন খাবলৈ সোৱাদ হোৱাৰ লগতে স্বাস্থ্যকৰো হয়।

     উপকৰণ:
  1 কাপ ওটচ্
   আধা কাপতকৈ  অলপ কম গাখীৰ 
  কাপ এটাৰ চাৰি ভাগৰ এভাগ চেনীৰ গুৰি 
   চাৰি চামুচ পিঠাগুৰি
   চাৰি চামুচ ময়দা। 

   প্রণালী:
   প্রথমে  ওটচ‌্খিনি গাখীৰত পাঁচমিনিট তিয়াই থলো। ওটচ্ খিনি কোমল হোৱাৰ পিছত তাত বাকী উপকৰণখিনি  ভালদৰে মিহলাই ললো। এচিকুট বেকিং পাউদাৰ মিহলাই দিলো। তাৰ পিছত ৰিফাইন তেলত  সৰু সৰুকৈ মালপোৱা ভাজিলো। 
 বনাই খাই চাব  আৰু কেনেকুৱা পালে জনাবদেই।


পৃষ্ঠাঃ ৪৪

নীলা খামৰ চিঠিঃ

মৰমৰ,,,
    প্ৰিয়তম,,
          এইয়া শীতৰ সেমেকা ৰ'দ জাকৰ উম লৈ তোমালৈ লিখিবলৈ লৈছোঁ মোৰ অনুভৱ। কুশলে আছেনে তুমি ? তোমাৰ খবৰ নোপোৱা আজি বহুদিনেই হ'ল, বৰকৈ অনুভৱ কৰিছোঁ তোমাক, মনৰ মাজত তোমাৰে ছবিয়ে মোক আমনি দি আছে অ'।
তুমিয়েই মোৰ এমুঠি স্বপ্ন, তুমিয়েই মোৰ অনুভৱৰ এটি পখিলা, তুমিয়েই মোৰ মন নদীৰ চঞ্চল ধুমুহা। তুমি মোৰ আশা যাক লৈ মই সপোনৰ বালিঘৰ সাজোঁ আৰু যে কত কি ভাবো তোমাক লৈ। অ' পাহৰিয়েই গৈছিলো ,তুমি আজিকালি পুৱাৰ ৰ'দ জাকত বহি তোমাৰ সেই ভাল লগা  "শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে" গীতটোৰ আমেজ লৈছানে বাৰু ? তুমি অহাৰ কথা আছিল নহয় শাৰদী কঁহুৱা ফুলা বতৰতে,,আহিবা দেই মই মনৰ সাঁচতী খুলি কম মনৰ সেউজ বুলীয়া সপোনৰ কথা, তুমি মোৰ একমাত্ৰ মৰম যাক মই লুকুৱাব নোখোজোঁ। শীতৰ সেমেকা ৰ'দ জাকৰ উমাল স্পৰ্শত তোমাক মই বৰকৈ বিচাৰিছোঁ ,পৃথিৱীৰ উচ্চতাক চুই চাব খোজোঁ তোমাৰ সৈতে একেলগে, আকাশৰ বিশালতাক এবাৰ অনুভৱ কৰিব খোজোঁ তোমাৰ উপস্থিতিত। আশাৰ বালিচৰত তুমি আৰু মই লুটুৰি পুটুৰি  হৈ যাব বিচাৰোঁ, তুমি মোৰ হেঁপাহ, মোৰ মৰম যি বৈ যায় গভীৰৰ পৰা গভীৰতলৈ। বাৰু মোৰ মনৰ মাজত দোলা দি থকা অনুভৱ খিনি তোমাক লিখি দিলো আশাকৰোঁ তুমি পঢ়িবা । আৰু বিশেষ নিলিখোঁ। পুনৰ তোমাক মৰম দিলো।

ইতি তোমাৰ
তোমাৰ প্ৰিয়তমা।

ময়ূৰী ভট্টাচাৰ্য্য বৰুৱা
টীয়ক ৰজাবাৰী


পৃষ্ঠাঃ ৪৫

শেষ পৃষ্ঠাৰ কলমঃ

গমধৰ কোঁৱৰ

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন 
ভ্ৰাম্যঃ 6000709096

১৮২৫ চনৰ ৩১ জানুৱাৰীত মান সৈন্যই ইংৰাজৰ হাতত পৰাস্ত হৈ আত্মসমৰ্পন কৰে। মান সৈন্যৰ পৰাজয়ত আহোমৰ ডা-ডাঙৰীয়া সকলে স্বস্তিৰ নিশ্বাস পেলালে। কিন্তু এই আত্মসন্তুষ্টিৰ শেলোৱৈ ধৰা পথেৰে ইংৰাজে কাঢ়ি লৈ গ'ল অসমৰ স্বাধীনতা। তেওঁলোকে  আহোমৰ ডা-ডাঙৰীয়া সকলৰ লগত কৰা চুক্তি উলংঘা কৰিলে।
          মান গুচি যোৱাৰ পিছত ইংৰাজে অসমৰ পূৰ্বৰ ৰজা সকলক তেওঁলোকৰ অধিকাৰ উভতাই দিয়াৰ কথা আছিল যদিও সোণৰ অসম দেখি ইংৰাজে লোভ সামৰিব নোৱাৰিলে। ফলত অসমত ইংৰাজে তেওঁলোকৰ শাসন চলাবলৈ ধৰিলে। বহু আহোমৰ ডা-ডাঙৰীয়াই এই কথা সহজ ভাৱেই মানি লৈ পদবিৰ বাবে ইংৰাজক সহায় কৰিছিল যদিও বহু স্বাধীন চেতীয়া ৰাজকোঁৱৰ আৰু ডা-ডাঙৰীয়াই এই সিদ্ধান্তক সহজে মানি ল'ব পৰা নাছিল।
       ইংৰাজৰ শাসনৰ পৰা যি সকলে মুক্তি বিচাৰিছিল তেওঁলোকৰ ভিতৰত প্ৰধানতৰ আহোমৰ ৰাজকোঁৱৰ গমধৰ কোঁৱৰৰ কথা আমি ক'বই লাগিব। গমধৰ কোঁৱৰ, কোঁৱৰ বংশত জন্মগ্ৰহন কৰা এজন ৰাজকোঁৱৰ। তেওঁৰ পিতৃ আছিল সিদ্ধিনাথ ফেনা কোঁৱৰ আৰু মাতৃ আছিল জুতুলী আই। লাকুৱাৰ চাৰিমুঠিয়াত জন্মগ্ৰহন কৰা গমধৰ কোঁৱৰ আছিল সুচতুৰ ৰাজনীতিবিদ, প্ৰকৃত স্বদেশপ্ৰেমিক, বাস্তৱবাদী তথা দূৰদৰ্শী। ইংৰাজে পূৰ্ব চৰ্ত উলংঘা কৰাত আহোম ৰাজবংশৰ ৰাজকোঁৱৰ সকল ক্ষুণ্ণ হৈছিল। যাৰ ফলস্বৰূপে গমধৰ কোঁৱৰৰ দৰে দেশপ্ৰেমি ৰাজকোঁৱৰে মনত বিদ্ৰোহৰ ভাৱ পুহিছিল। কিন্তু তেওঁ বুজিব পাৰিছিল যে তেওঁ অকলে ইংৰাজক পৰাস্ত কৰিব নোৱাৰে। সেয়ে তেওঁ মনে মিলা কিছু লোকক একগোট কৰি আমি স্বাধীন বুলি কৈ ৰাইজক কৰ-কাটল দিবলৈ হাস দিছিল আৰু নিজেই ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ ঘোষণা কৰিছিল। গমধৰ কোঁৱৰৰ এই যাত্ৰাত তেওঁক সহযোগ কৰিছিল খামতি বুঢ়াগোঁহাই, মধুৰাম বৰবৰুৱা, ভূধৰ চন্দ্ৰ বৰবৰুৱা, বালী বৰবৰুৱা, কেঁচু পোৱালি বছা ৰাজখোৱা, ভীম চাংৰুং ফুকন, ৰাতিয়া বৰুৱা, কণ বৰুৱা, জয়ধৰ জাগিয়াল গোঁহাই, নোমল ফুকন, কুট্টুৰা বৰুৱা, হৰনাথ পানীফুকন, ধেনুধৰ বলষ্ণুপৰীয়া গোঁহাই, ধেনুধৰ কোঁৱৰ,  দহা ফুকন (কোঁৱৰ), ধৰ্মধৰ ৰাজগুৰু, দেওৰাম দিহিঙীয়া ফুকন, জীউৰাম দুলীয়া বৰুৱা, পূৰণ নেওগ, কোমল নেওগ, নুমলী গোঁহাই জন্মি, পিয়লি ফুকন, ভৰুণ গোঁহাই, লেৰেলা লিগিৰা, মান গগৈ, পিয়ই পূৰণিমেলীয়া বৰুৱা, হলিৰাম কান্দুৰা, ভেকা ফুকন, ধানু ফুকন, চাৰিপটীয়া ডেকা , মটধাৰ শইকীয়া, চতাল বাইলুং, বাঘ ডেকা, বগা কোঁৱৰ, টিপমীয়া বাইলুং, আদি লোক সকলে।
          ১৭৫০ শকৰ ১১ তাৰিখৰ দিনা দেশৰ সকলো ডা-ডাঙৰীয়ালৈ পত্ৰ লিখি গমধৰ কোঁৱৰক ৰজা পতা হয়। নকছাৰিৰ তৰাতলী ( বৰ্তমান ৰজাবাৰী) ত গমধৰ কোঁৱৰে বাৰী পাতে। এই ৰজাবাৰীৰ পৰাই গমধৰ কোঁৱৰে বিদ্ৰোহৰ ঘোষণা কৰিছিল আৰু এদিন এবেলা ৰাজপাটত উঠি তেওঁ ইংৰাজ সৈন্যৰ হাতত বন্দী হয়। ১৮২৮ খীষ্টাব্দৰ ১০ ডিচেম্বৰ দিনা গমধৰ কোঁৱৰৰ বিচাৰ হয়। এই বিচাৰত গমধৰ কোঁৱৰক প্ৰণদণ্ড সুকুম দিয়া হয় আৰু অন্যান্য সহযোগী সকলক ৭ বছৰ কাৰাদণ্ড দিয়া হয়। পিছে সেই নিশাই গমধৰ কোঁৱৰ পলাই যাবলৈ সক্ষম হয় যদিও ১২ দিন পিছত পুনৰ ধৰা পৰে। এইবাৰ জয়সাগৰৰ ভিতৰত গমধৰ কোঁৱৰৰ বিচাৰ হয় আৰু তেওঁক ১৪ বছৰ ভাটি ৰংপুৰলৈ নিৰ্বাসন দিয়া হয়।
         এইজনা বীৰ দেশপ্ৰেমি বিদ্ৰোহীক কিন্তু স্বাধীনতা সংগ্ৰামী বুলি কোনেও চিনি নেপালে। ১৮২৮ খীষ্টাব্দতেই ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ ঘোষণা কৰা এই জনা মহান বীৰে ইতিহাসৰ পাতত স্থান নোপোৱাটো সঁচাকৈ চিন্তনীয়। সি যি হওক আজিও স্বাধীন ভাৰতে এই জনা বীৰ যুদ্ধাক প্ৰকৃত সন্মান প্ৰদান কৰিব বুলি আশা কৰিলো।

বি: দ্ৰু :- ( ৰজাবাৰী লেখকৰ জন্মস্থান। এই ৰজাবাৰীতেই বাহৰ পতা গমধৰ কোঁৱৰৰ বৰ্তমান এটি প্ৰতিমুৰ্তি স্থাপন কৰা হৈছে। এই ৰজাবাৰীৰ পূৱে পুঠি নদী, পশ্চিমে দহোটীয়া পথাৰ তথা গাঁও, উত্তৰে লাহদৈগড় আলি, দক্ষিণে ধোদৰ আলি। দক্ষিণে নগা পাহাৰ চমু হোৱাত গমধৰ কোঁৱৰে ইংৰাজৰ পৰা বাচিবলৈ তালৈকে পলায়ন কৰিছিল।)
তথ্য সংগ্ৰহ:- "বেলী মাৰ গ'ল" ১৮৫ ৰ পৰা ১৯৫ পৃষ্ঠা আৰু
সামাজিক মাধ্যমৰ বিভিন্ন প্ৰৱন্ধ।



পৃষ্ঠাঃ ৪৬

বেটুপাত ৪ঃ

Post a Comment

1 Comments

Ratan sadiyal said…
আলোচনী পঢ়ো প্ৰতিটো সংখ্যাই । ভাল দিশসমূহ বাচনি কৰি লেখা মেলা হৈ আছে। প্ৰতিটো শিতানেই ভাল হৈছে
আগুৱাই যাওক । শুভেচ্ছাৰে ।