অঙ্গন (দ্বিতীয় বছৰ ৭ম সংখ্যা)




পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 ছেপ্টেম্বৰ 2021

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

পৃষ্ঠাঃ ৩
বিশেষ ঘোষণা

অঙ্গনৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা

অঙ্গনৰ শুভাকাংক্ষী পাঠক সমাজলৈ আমি অঙ্গনৰ পৰিয়ালে শ্ৰদ্ধা নিবেদন কৰিলোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অঙ্গনৰ দুবছৰীয়া যাত্ৰাত চলিত বছৰৰ পৰা আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ সফল সামৰণিৰ অন্তত আমি এইবাৰ পুনৰ এখনি ৰচনা প্ৰতিযোগিতা আয়োজন কৰাৰ কথা ভাবিছোঁ। ৰচনাৰ বিষয়--
"ক'ৰনা মহামাৰী আৰু সাম্প্ৰতিক সমাজ ব্যৱস্থা"।
আগ্ৰহী সকলে অংশ গ্ৰহণ কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ।

এই প্ৰতিযোগিতাৰ নিয়মাৱলীঃ

১)  ৰচনা সমূহ শুদ্ধকৈ অসমীয়াত টাইপ কৰি আমালৈ পঠিয়াব লাগিব ৷ ৰচনা প্ৰেৰণৰ বাবে প্ৰয়োজনীয় হোৱাটচএপ নম্বৰ ঃ 91275 64124

২) ৰচনা সমূহত বানান শুদ্ধ হোৱাতো একান্তই বাঞ্ছনীয়। সৰ্বাধিক ৫০০ শব্দৰ ভিতৰত ৰচনাখন প্ৰতিযোগীয়ে লিখিব লাগিব।

৩) এজন প্ৰতি়যোগীয়ে এখনহে ৰচনা প্ৰেৰণ কৰিব পাৰিব ৷

৪) পূৰ্বে অন্য কোনো ধৰণৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা ৰচনা এই প্ৰতিযোগিতাত গ্ৰহণ কৰা নহ'ব। একেদৰে ইতিপূৰ্বে কোনো ধৰণৰ সামাজিক মাধ্যমত প্ৰকাশিত ৰচনাও এই প্ৰতিযোগিতাত ধৰা নহয় ৷

৫) ৰচনাৰ লগত প্ৰতিযোগীয়ে নিজৰ নাম, সম্পূৰ্ণ ঠিকনা আৰু ফোন নম্বৰ তথা একপিকৈ ফটো প্ৰেৰণ কৰিব লাগিব।

৬) প্ৰতিযোগীয়ে উল্লেখিত বিষয় " ক'ৰনা মহামাৰী আৰু সাম্প্ৰতিক সমাজ ব্যৱস্থা" ৰ সম্পৰ্কত ৰচনা লিখি এই প্ৰতিযোগিতালৈ প্ৰেৰণ কৰিব।

৭) এই প্ৰতিযোগিতাৰ প্ৰতিখন ৰচনা আমাৰ ৱেব পেজত উপলব্ধ হ'ব। ৰচনা সমূহ প্ৰতিযোগীয়ে বিভিন্ন সামাজিক মাধ্যমত চেয়াৰ কৰিব পাৰিব। উল্লেখ্য যে বিচাৰকৰ পৰা প্ৰতিজন প্ৰতিযোগীলৈ ৬০ শতাংশ নম্বৰ থাকিব, আনহাতে সৰ্বোচ্চ পঢ়ুৱৈৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ৪০ শতাংশ নম্বৰ থাকিব।

৮) ৰচনা সমূহ জমা দিয়াৰ অন্তিম তাৰিখ ১৪ ছেপ্তেম্বৰ ২০২১। ১৬ ছেপ্টেম্বৰ তাৰিখে দিনৰ ১০ বজাৰ পৰা প্ৰতিযোগীয়ে নিজৰ নিজৰ ৰচনা সমূহ আমাৰ ৱেবপেজৰ পৰা চেয়াৰ কৰিব পাৰিব। এই প্ৰতিযোগিতাৰ ফলাফল আগন্তুক ১ অক্টোৱৰ তাৰিখৰ অঙ্গনত প্ৰকাশ পাব।

৯) বিজয়ী তিনিজনলৈ অঙ্গন আলোচনীৰ তৰফ পৰা মানপত্ৰ আৰু কিতাপৰ টোপোলাৰ লগতে ট্ৰফী  প্ৰদান কৰা হ'ব।

১১) প্ৰতিযোগিতাত অংশ গ্ৰহনৰ মাচূল ৫০ টকা মাত্ৰ। এই মাচূল অংশ গ্ৰহণকাৰীয়ে বিভাগীয় সম্পাদকৰ Google pay ৰ নম্বৰত (9127564124) প্ৰেৰণ কৰিব পাৰিব।

১০) সম্পাদনা সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব ৷

ধন্যবাদেৰে
সম্পাদনা সমিতি অঙ্গন।


পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-১০
ধাৰাবাহিক : পৃষ্ঠা ১১-১২
অণুগল্প : পৃষ্ঠা ১৩-১৪
এক মিনিটৰ গল্প : পৃষ্ঠা ১৫-১৬
অনুবাদ কবিতা : পৃষ্ঠা ১৭-১৯
কবিতা : পৃষ্ঠা ২০-৩৬
অনুভৱ : পৃষ্ঠা ৩৭
শিশু বিশেষ : পৃষ্ঠা ৩৮
ফলাফল সম্পৰ্কীয় বিশেষ ঘোষণা : পৃষ্ঠা ৩৯
ভ্ৰমণ কাহিনী : পৃষ্ঠা ৪০
নীলা খামৰ চিঠি : পৃষ্ঠা ৪১
গ্ৰন্থ বাৰ্তা : পৃষ্ঠা ৪২
আপদীয়া পদ্য : পৃষ্ঠা ৪৩
গল্প : পৃষ্ঠা ৪৪-৪৭
আৰ্ট গেলাৰী : পৃষ্ঠা ৪৮
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৯

পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
অংকিতা দাস
পলাশনি গাঁও, শিৱসাগৰ
ফটোগ্ৰাফাৰঃ এ ভি দীপাংকৰ।

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।

পৃষ্ঠা ৬
সম্পাদকীয়ঃ

ভালপোৱাৰ অপমৃত্যু

ভালপোৱা! যি স্বকীয় বৈশিষ্ট্যৰে চিৰসুন্দৰ, য’ত ঈশ্বৰে থিতাপি লয়, য’ত প্ৰকৃতিয়ে পূৰ্ণতা পায়। ভগৱান শ্ৰীকৃষ্ণই সেয়ে প্ৰেমকেই শ্ৰেষ্ঠতম আবেগ বুলি অভিহিত কৰিছে। মানুহে বিশ্বাস কৰে যে কৰ্মই জীৱনৰ সফলতাৰ মূল, সম্বন্ধই শান্তিৰ মূল আৰু আচৰণেই মানুহৰ পৰিচয়ৰ মূল। কিন্তু প্ৰেমবিহীন কৰ্ম, সম্বন্ধ আৰু আচৰণৰ কথা কল্পনা কৰিব পাৰিনে?

প্ৰেম কেৱল বিপৰীত লিংগৰ মাজৰ আকৰ্ষণ নহয়। প্ৰেমৰ পৰিধি আমাৰ কল্পনাৰো অগোচৰ। বেলিটিয়ে নিতৌ পুৱা গছ-গছনি, চৰাই-চিৰিকটি, মানুহ, অন্যান্য জীৱ-জন্তুৰ বাবে একাঁজলি ৰ’দ ছটিয়ায়, সেই ৰ’দৰ পোহৰত প্ৰকৃতি সেউজীয়া হয়, মানুহ জীয়াই থাকে, জীৱ-জন্তুৰ বাবে পৃথিৱীখন বাসোপযোগী হৈ পৰে। বেলিটিয়ে কিন্তু কেতিয়াও বিনিময় নিবিচাৰে। একেদৰে এজোপা বৃক্ষৰ আশ্ৰয়ত চৰাই-চিৰিকটিয়ে বাহ সাজে, ভাগৰুৱা পথিকে সেই বৃক্ষৰ ছাঁত জিৰণি লয়। ইয়াৰ বিনিময়ত জানো বৃক্ষজোপাই কিবা বিনিময় বিচাৰে? মাক-দেউতাক, অভিভাৱকে সন্তানৰ বাবে যি কষ্ট স্বীকাৰ কৰে, শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে যি পৰিশ্ৰম কৰে তাৰ কোনো তুলনা নাথাকে।

ভালপোৱা এনেকুৱাই, যি কেৱল বিলাই দিয়ে। কিন্তু কেতিয়াও প্ৰতিদান নিবিচাৰে। অলপ দ' কৈ ভাবি চালেই বুজা যায় যে ওপৰত উল্লেখ কৰা আটাইবোৰ ঘটনাই প্ৰেমৰ উদাহৰণ। এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ঘটনা, প্ৰতিটো ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে। প্ৰেম আছে বাবেই আমাৰ পৃথিৱীখনো সদায়ে ধুনীয়া।

প্ৰেম এক স্বতঃস্ফুত সৰগীয় অনুভৱ। ইয়াৰ অৰ্থ, ‘প্ৰেমত পৰা নাযায়, প্ৰেম হৈ যায়।’ এই প্ৰেম ঈশ্বৰে প্ৰতিজন ব্যক্তিকেই আশীৰ্বাদ স্বৰূপে দিয়ে। কিন্তু মানুহে নিজৰ অজ্ঞানতাৰ বাবেই হওক অথবা এখন ধুনীয়া হৃদয়ৰ অভাৱতেই হওক কেতিয়াবা এই প্ৰেম অনুভৱ কৰিব নোৱাৰে। আনহাতে কেতিয়াবা অনুভৱ কৰিব পাৰিলেও প্ৰেমক উচিত মৰ্য্যাদা দিব নোৱাৰে।

প্ৰকৃততে ত্যাগৰ মাজতহে প্ৰেমৰ আচল সৌন্দৰ্য লুকাই থাকে। প্ৰেম দুখন হৃদয়ৰ মাজত ঈশ্বৰে সৃষ্টি কৰা এটি বান্ধোন, যি বান্ধোন চিঙাৰ শক্তি মানুহৰ নাথাকে। সময়ৰ আহ্বানত কেতিয়াবা আপোনজন কাষৰ পৰা আঁতৰি গ’লেও এই বান্ধোনে মানুহক জীয়াই ৰাখে। এইদৰে প্ৰেম হৈ পৰে অনুপ্ৰেৰণা, সাহস আৰু জীয়াই থকাৰ এটি কাৰণ।

কিন্তু অতিকৈ পৰিতাপৰ কথা যে প্ৰেমৰ অৰ্থ নুবুজি, প্ৰেমৰ সৌন্দৰ্যতাখিনিক অনুভৱ নকৰি এচামে প্ৰেমৰ নামতেই মানুহৰ ক্ষতি কৰে, জীৱন ধ্বংস কৰে। যি ৰাধা-কৃষ্ণৰ নিদৰ্শন দাঙি ধৰি প্ৰেমৰ পূজা কৰা হয়, সেই ৰাধা-কৃষ্ণৰ নামতেই ব্যক্তিয়ে ক্ষুদ্ৰ স্বাৰ্থৰ হেতু অন্যায়-অবিচাৰৰ আশ্ৰয় লয়।

আজিকালি সংবাদ মাধ্যমত এনে বহু ঘটনা প্ৰকাশ পাবলৈ ধৰিছে, য’ত প্ৰতিবাৰে প্ৰেমকেই জগৰীয়া কৰা হৈছে। তেনেস্থলত আমি নিজকে প্ৰশ্ন কৰা উচিত যে ‘প্ৰেমে মানুহক হত্যা কৰিবলৈ শিকায় নে? প্ৰেমে মানুহৰ ক্ষতি কৰিবলৈ শিকায় নে? যদি প্ৰেমৰ নামত কোনোবাই মানুহ হত্যা কৰে, এজনে আনজনৰ ক্ষতি কৰে তেন্তে সেয়া সঁচাকৈয়ে প্ৰেম নে?’

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 9678696861

পৃষ্ঠা ৭
প্ৰৱন্ধঃ

বহুমুখী প্ৰতিভাৰ আকৰ
ড০ ভবেন্দ্ৰনাথ শইকীয়া

বন্দিতা শৰ্মা কন্দলী
দেৰগাঁও
ফোন-৮০১১৮৫০১৭২

"সাহিত্য, সংগীত, চিত্ৰকলা, চলচ্চিত্ৰ, এইবোৰ একেখন চালিৰ তলতে থকা বেলেগ বেলেগ কোঠালি। ইটো কোঠালিৰ পৰা সিটো কোঠালি লৈ অহা-যোৱা কৰিবলৈ আহল-বহল দুৱাৰ আছে। কোনে কোনটো কোঠালিত স্বচ্ছন্দে বাস কৰে , কোনটোৰ পৰা কোনটোলৈ কিমান সঘনে অহা-যোৱা কৰে, সেইটো তেওঁৰ প্ৰতিভা, সৌন্দৰ্যবোধ, কৰ্মক্ষমতা আদিৰ ওপৰত নিৰ্ভৰ কৰে। এইবোৰৰ বলত তেওঁ বিভিন্ন কোঠালিত বিভিন্ন ৰসৰ ছবি আঁকিব পাৰে।"
         হৃদয়ানন্দ গগৈয়ে সম্পাদনা কৰা গ্ৰন্থ "গল্প আৰু শিল্প"ত সন্নিবিষ্ট সাক্ষাৎকাৰৰ এটি প্ৰশ্ন "অসমীয়া সাহিত্য আৰু চলচ্চিত্ৰ জগত এই দুই ভিন্ন ক্ষেত্ৰত আপোনাৰ ভুমিকা- এই সম্পৰ্কে আপুনি কেনেদৰে ভাবে?" ৰ উত্তৰত ড০ ভবেন্দ্ৰনাথ শইকীয়াই উল্লেখিত মন্তব্য আগবঢ়ায়।
          প্ৰকৃতাৰ্থতেই ড. ভবেন্দ্ৰনাথ শইকীয়াই একেখন চালিৰ তলতে থকা প্ৰতিটো কোঠাতেই তেখেতৰ প্ৰতিভা, সৌন্দৰ্যবোধ আৰু কৰ্মক্ষমতাৰ বলত বিভিন্ন ৰসৰ ছবি আঁকি উচ্চ আসন অধিকাৰ কৰিছিল। এই গৰাকী মহান প্ৰতিভাসম্পন্ন ব্যক্তিৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ফেব্ৰুৱাৰি তাৰিখে নগাঁও জিলাৰ ফৌজদাৰী পট্টিৰ কীৰ্তনঘৰ ৰʼড নামৰ চুবুৰীটোত। এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা ভবেন্দ্ৰনাথ শইকীয়াৰ পিতৃ আছিল বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃ আছিল চম্পাবালা শইকীয়া। নগাঁৱৰ মোক্তাৱ প্ৰাইমেৰী স্কুলত প্ৰথম শিক্ষা আৰম্ভ কৰা শইকীয়াই ১৯৪৮ চনত নগাঁও গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা তিনিটা বিষয়ত লেটাৰ মাৰ্ক সহ উৰ্ত্তীণ হৈ ১৯৫০ চনত কটন কলেজৰ পৰা ইন্টৰমিডিয়েট পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয়।১৯৫২ চনত কটন কলেজৰ পৰাই পদাৰ্থ বিজ্ঞান বিষয়ত অনাৰ্ছ সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেখেতে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১৯৫৮ চনত তেখেতে গৱেষণাৰ বাবে ইংলেণ্ডলৈ যাত্ৰা কৰে আৰু ১৯৬১ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰি অসমলৈ ঘূৰি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
             ভবেন্দ্ৰনাথ শইকীয়াৰ কৰ্মৰাজী ব্যাপক আৰু সুদূৰপ্ৰসাৰী । তেখেতে আছিল ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আঞ্চলিক ভাষাৰ পাঠ্যপুথি সমন্বয় সমিতিৰ সচিব, সংগীত নাটক একাডেমিৰ সদস্য, ইণ্ডিয়ান নেশ্যনেল কাউন্সিল ফৰ ইউনেস্কোৰ সদস্য, অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ, পুনেৰ ফিল্ম এণ্ড টেলিভিছন  ইনষ্টিটিউট অফ ইণ্ডিয়া  ছʼচাইটিৰ সদস্য, নেশ্যনেল বুক ট্ৰাষ্টৰ সদস্য আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি। একেজন ব্যক্তিয়েই বিভিন্ন দিশত বিভিন্ন ক্ষেত্ৰত সুকলমে কাৰ্যনিৰ্বাহ কৰি তেখেতৰ স্বীয়  প্ৰতিভা আৰু অতুলনীয় কৰ্মশক্তিৰ পৰিচয় দি থৈ গৈছে।
          "পঢ়া- শুনাক সৰ্বাধিক গুৰুত্ব দিয়া, কঠোৰ পৰিশ্ৰম কৰা, নানা ধৰণৰ ঘৰুৱা কাম নিজ হাতে কৰা। এইবোৰ ক্ষেত্ৰত পিতাইৰ নেতৃত্ব বৰ মূল্যবান আছিল।" বুলি কোৱা বহুমুখী গুণৰ অধিকাৰী ব্যক্তিজনে সেই সাংস্কৃতিবান পৰিয়ালটো, ওচৰ চুবুৰীয়া, শৈশৱৰ খেল ধেমালি, চৌপাশৰ পৰিবেশ আদিক সম্পদ হেন জ্ঞান কৰিছিল।যিয়ে তেখেতক অসাধাৰণ প্ৰতিভা আৰু সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহাম্বিত কৰি তুলিছিল। তেখেতৰ ভাষাত" এই সকলো লগৰীয়া মোৰ কাৰণে এটা পুথিভঁৰালৰ কিতাপৰ নিচিনা হৈ আছে। কিছুমান উৱলি গৈছে আৰু কিছুমান হাতপুথিৰ নিচিনা হৈ আছে। এনেকুৱা পুথিভঁৰাল বোৰ বৰ মূল্যবান সম্পদ।"(পৃষ্ঠা ৫১৭ গল্প আৰু শিল্প)
        প্ৰান্তিকৰ শেষ পৃষ্ঠাৰ"মোৰ জীৱনৰ কথা"ত তেখেতৰ নিয়মানুবৰ্তী, সময়ানুবৰ্তী আৰু পৰিকল্পিত ভাবে কৰা জীৱন - যাপনৰ স্পষ্ট নিদৰ্শন পোৱা যায়। তাৰোপৰি তেখেতেৰ কোনোটো লেখাই পৰিমাৰ্জন বা পুনৰীক্ষণৰ প্ৰয়োজন নাছিল। একেবাৰতে ছপা কৰিব পৰা কৈ লিখাটো ভাবিলে সঁচাকৈয়ে আচৰিত হ'ব লগীয়া হয়।
               অসমৰ সাহিত্য- সংস্কৃতিৰ জগত খন তেখেতে কালজয়ী সৃষ্টিৰাজীৰে জীপাল কৰি থৈ গৈছে। অসমৰ প্ৰথিতযশা সাহিত্যিক সকলৰ ভিতৰতে অন্যতম ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ গল্প সমূহ ভাৰতৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে। নাট্য জগতলৈও আগবঢ়াই থৈ গৈছে অনবদ্য অৱদান। অল ইণ্ডিয়া ৰেডিঅ' যোগে প্ৰচাৰিত তেখেতৰ বহু কেইখন নাটকে শ্ৰোতাৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। সেইদৰে চলচ্চিত্ৰ জগতত সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, ইতিহাস আদি চলচ্চিত্ৰৰ বাবে ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰে। ২০০১ চনত ভাৰত চৰকাৰৰ ʼ পদ্মশ্ৰী ʼ সন্মান লাভ কৰা শইকীয়া দেৱে ১৯৯৮‌ চনত অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটা, শৃংখল গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে ।
           অসমীয়া শিশু সাহিত্য জগতখনলৈও তেখেতে অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক ড. ভবেন্দ্ৰনাথ শইকীয়াৰ মৰমৰ দেউতা ; শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট; মহাদুষ্টৰ দুষ্ট বুদ্ধি; তোমালোকৰ ভাল হওক; মোৰ শৈশৱ মোৰ কৈশোৰ আদি উল্লেখযোগ্য শিশু পুথি।
             ২০০৩ চনৰ ১৩আগষ্টত ইহলীলা সম্বৰণ কৰা এই গৰাকী প্ৰোজ্জ্বল ব্যক্তিক ১৮ সংখ্যক স্মৃতি দিৱসত তেখেতৰ বয়স প্ৰাপ্তিৰ সময়ত হোৱা তেখেতৰ স্বীয় অনুভৱেৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ। "মানুহ আৰু বিজ্ঞানৰ খেলাতকৈ এতিয়া প্ৰকৃতিৰ খেলা দেখি বেছি বিস্মিত হওঁ। সন্মুখৰ এই কম্পিউটাটোৰ পৰ্দা খনে যিমান বিস্ময় জগাইছিল, আজিকালি এটা ঋতু আহিলেই যে লঠঙা ডালটোত কুঁহিপাত ওলায়, এটা ঋতু আহিলেই যে কুঁৱলী পৰে, সেইবোৰ ঘটনাই বেছি বিস্ময় জগায়। মানুহ, প্ৰকৃতি- সকলোলৈকে মৰম বাঢ়িছে।"(পৃষ্ঠা ৫৪০)।

পৃষ্ঠা ৮
জীৱন লক্ষ্য আৰু সফলতাৰ মাপকাঠী

কৰবী বৰ্মন কলিতা

জীৱনৰ লক্ষ্য বুলি ক’লে বহু কথাই বৰ্তমান চকুৰ সন্মুখত অগা-দেৱা কৰে৷ তাহানিতে কিতাপৰ পাতত যে পাইছিলো, “লক্ষ্য হীন জীৱন কাণ্ডাৰীবিহীন নাৱৰ দৰে”, তেতিয়াই ভাৱিছিলো জীৱনৰ লক্ষ্য এটা মোৰো থাকিব লাগিব৷ কিন্তু লক্ষ্যটো কি হ’ব সেইটোকে ভাৱি বহুকেইটা দিন পাৰ হৈ গৈছিল৷ তেতিয়া আছিল সপোনৰ দিন৷ সপোনত উটি-ভাঁহি ফুৰাৰ দিন ৷ সপোন পুৰীত ঘূৰি থাকোঁতে কেতিয়াবা যদি ডাক্তৰ হৈছিলো, কেতিয়াবা আকৌ নিজৰেই ভাল লগা শিক্ষক গৰাকী ৷ যিয়েই মনষ পটত বহিব পাৰিছিল, লগে লগে লক্ষ্যটিও তেওঁৰ ফালেই ঢাল খাইছিল৷
সচৰাচৰ সফলতাৰ এটা নিৰ্দ্দিষ্ট মাপকাঠী থাকে যাৰ বিপৰীতে কৃতকাৰ্য্যৰ মুল্যায়ন কৰি লক্ষ্য সিদ্ধি হৈছে নে নাই নিৰূপণ কৰা হয়। পৰ্ব্বতাৰোহণত কোনোবা এটা নিৰ্দ্দিষ্ট ঠাইত উঠিব পাৰিলেহে লক্ষ্য সিদ্ধ বুলি ধৰা হয় আৰু সেই লক্ষ্য নোপোৱালৈকে পৰ্ব্বতাৰোহীসকলে চেষ্টা কৰিয়েই থাকে। পৰীক্ষাৰ্থী সকলেও পৰীক্ষা ভাল বেয়া নিৰূপণ কৰোতেও কোনো এটা বিশেষ শতাংশতকৈ তলত পালে বেয়া আৰু তাতকৈ ওপৰত পালে ভাল বুলি ধৰে। ঠিক তেনেদৰে কাৰোবাৰ লক্ষ্য হʼব পাৰে সৰ্ব্বশ্ৰেষ্ঠ খেলুৱৈ, সৰ্ব্বশ্ৰেষ্ঠ সংগীতজ্ঞ বা সৰ্ব্বশ্ৰেষ্ঠ অভিনেতা হোৱা। ইয়াত “সৰ্ব্বশ্ৰেষ্ঠ” হোৱাটোৱেই মাপকাঠী। সেইফালৰ পৰা চাবলৈ গʼলে আৰ্থিক স্বচ্ছলতা বা বস্তুবাদী ভোগৰ কোনো মাপকাঠী নাই। কাৰণ এই সকলোবোৰ জুখিবপৰা বস্তু নহয় আৰু সেই বাবে এই সকলোবোৰ জীৱনৰ লক্ষ্য হʼব নোৱাৰে ।
জীৱনৰ লক্ষ্য সম্পৰ্কে বেছিভাগ মানুহেই সজাগ নহয়। বেছিভাগ মানুহৰ বাবে “জীৱনৰ লক্ষ্য” বা ইংৰাজীত “aim in life” অসমীয়া বা ইংৰাজী বিষয়ত স্কুলৰ পৰীক্ষাত ৰচনা লিখা এটা বিষয়হে। কিন্তু আমি সজাগ হোৱা উচিত। হয়তো লক্ষ্য বুলি নামাংকিত নকৰিলেও আমাৰ সকলোৰে মনত কিছুমান আকাংক্ষা থাকে যিবোৰ আমি আমাৰ জীৱনকালত পূৰ্ণ কৰিব খোজোঁ। শৈশৱকালত গঢ় লোৱা সেই আকাংক্ষা সমূহেই পৰিণত বয়সত লক্ষ্য হিচাপে থিৰ কৰি লোৱা উচিত। আৰু সেই লক্ষ্য আগত ৰাখি নিৰন্তৰে চেষ্টা কৰা উচিত। সেই লক্ষ্যত উপনীত হʼব পাৰিলে, সমাজে মানি লওকেই বা নলওকেই কিন্তু নিজকে সফল ব্যক্তি বুলি যি অনাবিল সুখানুভূতিৰ অনুভৱ হব সেয়া তুলনাহীন।
বৰ্তমান যুগটো হৈছে প্ৰতিযোগীতাৰ যুগ আৰু প্ৰতিযোগীতা মানে হ’ল কাৰ কিমান কেপাব্লিটি তথা টেলেন্ট আছে যাৰ আছে সেইজনে আজি সফল ব্যক্তি হব পাৰে ৷
কিন্ত এতিয়া কথা হ’ল যে পৃথিৱীৰ কিমান সংখ্যক  লোক নিজৰ সপোন অনুযায়ী সফল হব পাৰিছে ৷ এজন ব্যক্তি সফলতা অৰ্জন কৰাৰ আঁৰত থাকে বহুতো কষ্ট , পৰিশ্ৰম । সমস্যা যিমানে ডাঙৰ নহওক কিয় তাৰ সমাধান থাকিবই ।
 ভাৰতীয় প্ৰখ্যাত ব্যৱসায়ী ধীৰুভাই আম্বানী এখেত প্ৰথম অৱস্থাত পেট্ৰল পাম্পত কাম কৰিছিল কিন্ত নিজৰ কৰ্মদক্ষতাৰে পৃথিৱীৰ এজন আগশাৰীৰ সফল ব্যক্তি হিচাপে গঢ়ি তুলিছিল ৷
এজন ভাল সফল ব্যক্তি হবলৈ হ’লে কেইটামান প্ৰিঞ্চিপাল মানি চলিব লাগিব  ।
১ , সফল হোৱাৰ প্ৰথম প্ৰিঞ্চিপালটো হ’ল
GOAL চেটিং  GOAL ৰ সম্পূৰ্ণ অৰ্থ হ’ল Go on achieve luxury অৰ্থাৎ যোৱা আৰু নিজৰ লক্ষ্য প্ৰাপ্তি কৰা ৷ 
আপুনি জীৱনৰ লক্ষ্য কি নিৰ্ধাৰণ কৰিছে  তাকে আপুনি এখন টোকাবহীত স্পষ্টকৈ লিখিব বা চিত্ৰ লগাব উদাহৰণ আপুনি যদি এখন  সপোনৰ ঘৰ সাজিব বিচাৰিছে তেন্তে মনত উদ্ভৱ হোৱা ঘৰৰ চিত্ৰ লগাব এইয়াই হৈছে GOAL চেটিং অৰ্থাৎ সুনিৰ্দিষ্ট  লক্ষ্য নিৰ্দ্ধাৰণ ।

২ , সহজে সফল হোৱাৰ আন এটা প্ৰয়োজনীয় প্ৰিঞ্চিপাল হ’ল তিনিটা  V এই তিনি V ৰ ব্যৱহাৰ কৰাৰ প্ৰণালী হ’ল -

( ক ) ভিজব্যলাইজেচন -  প্ৰথমে সপোনট খোলা দৃষ্টিৰে বা কল্পনা শক্তিৰে চাব লাগিব 

(খ ) ভাৰ্ৱালাইজেচন -  মৌখিকভাৱে আনৰ আগত ব্যক্ত কৰা ৷

 গ ) ভাইটালাইজেচন -  সপোনটো সজীৱ কৰি তোলা ৷ অৰ্থাৎ হাতে কামে কৰা ৷ 
 এই তিনি ভিৰ সুপ্ৰয়োগ কৰিব শিকিলে  জীৱনত সফল হোৱাটো সুনিশ্চিত। 
 আমি যি সমূহ কাম কৰো বা কৰিব লগীয়া হয়, সেই সকলোবোৰ কামতেই সুখী হৈ পৰিব লাগে। কাৰণ আমাৰ জীৱনৰ লক্ষ্য আৰু কৰ্তব্যবোৰ সুখৰ সন্ধানৰ ভিন্ন ৰূপত একো একোটা পদক্ষেপ। আমাৰ মাজৰ বহুতেই ভাবোঁ যে সুখ মাথো জীৱনত উল্লেখযোগ্য কোনো কাম কৰিহে আহৰণ কৰিব পাৰি । সাময়িক বা বস্তুবাদী উপলব্ধিসমুহ কেৱল সন্তুষ্ট জীৱনৰ একোটা উৎস বুলি ধৰা হয়। এই ধৰণৰ উপলব্ধিসমুহৰ বাবে আমি যিমানেই হামৰাও কাঢ়ো, যিমানেই কিবা এটা ভাল হ'ব বুলি আশা কৰোঁ, সিমানেই আমি সুখৰ বাবে হাহাকাৰ কৰোঁ। ই এটা কাহানিও শেষ নোহোৱা সন্ধানী যাত্ৰা আৰু ই কেতিয়াও শেষো নহ'ব । কাৰণ সুখী হোৱাটোৱেই জীৱনৰ শেষ লক্ষ্য নহয়। সুখ হৈছে নিজৰ অভ্যন্তৰৰ সুষম অনুভুতিৰে সৰ্বদায়েই অনুভৱ আৰু আহৰণ কৰা এক প্ৰক্ৰিয়া । 
কোনো লক্ষ্যত উপনীত হবলৈ সেই লক্ষ্য অভিমুখে ধাৱমান হোৱাৰ বিকল্প নাই। কিন্তু সেয়াই যথেষ্ট নহয়। কাৰণ প্ৰতিজন ব্যক্তিয়ে নিজৰ লক্ষ্য পূৰণ হোৱাতো বিচাৰে। বিচাৰ্যৰ বিষয় লক্ষ্য পূৰণ কৰিবলৈ আপুনি কিমান মনযোগেৰে বা কিমান গভীৰ ভাৱে কামটোত আগবাঢ়িছে। কাৰণ আমি জানো উদ্দেশ্যবিহীন যাত্ৰা কেতিয়াও সফল হব নোৱাৰে। আনহাতে অকল উদ্দেশ্য থাকিলেই নহব, সেই উদ্দেশ্য পূৰণৰ বাবে আপুনি কাক কাক সাঙুৰি লৈছে সেয়াও গুৰুত্বপূৰ্ণ কথা। দ্বিতীয়তে আপুনি এই লক্ষ্যৰ প্ৰতি আপুনি কিমান আগ্ৰহী সেয়া নিজকে প্ৰশ্ন কৰিছেনে? সৰু সৰু কথাতে যদি আপুনি থতমত খাই পিছ হুহুকি আহে অথবা লক্ষ্য ত্যাগ কৰে তেতিয়া আপোনাৰ লক্ষ্য এক আৱেগৰ বুৰবুৰণি আছিল সেয়া প্ৰতীয়মান হব। কোনেই আপোনাৰ লক্ষ্যক গভীৰ ভাৱে নলব। তৃতীয়য়ে আপোনাৰ লক্ষ্যৰ সমান গুৰুত্বপূৰ্ণ লক্ষ্য আৰু বহুতো আছে নেকি! যদি আছে তেন্তে ইয়াৰ অৰ্থ হ’ল আপোনাৰ বৰ্তমানৰ লক্ষ্য সিমান গুৰুত্বপূৰ্ণ নহয় যাৰ বাবে আপুনি অন্য লক্ষ্য কিছুমানকো একেই থাকত ৰাখিব বিচাৰিছে। চতুৰ্থ আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ হ’ল পৰিকল্পনা বা ৰণনীতি। ই নিখুঁ‌ত হলেই নহব, বাস্তৱ ভিত্তিক আৰু মনঃপুত হব লাগিব নহলে আপুনি সৰু সুৰা বাধা বিঘিনিতে ভাঙি পৰিব। ইয়ে আপোনাৰ লক্ষ্য কঠিন কৰিব। এই সকলোবোৰ কথা বিবেচনা কৰি আপোনাৰ লক্ষ্য অভিমুখে আগবাঢ়ক। সফল নহয় নোৱাৰে। শুভেচ্ছা থাকিল ।

পৃষ্ঠাঃ ৯
লালুকসোলা বৰফুকন

(দুই খণ্ডৰ প্ৰথম খণ্ড)

প্ৰণৱ ফুকন

উপক্ৰমনিকা: ১৬১৭ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই দুজন নতুন প্ৰশাসক বিষয়াৰ পদ সৃষ্টি কৰি বৰফুকনৰ পদত লাঙি পানীসিয়াক আৰু বৰবৰুৱাৰ পদত মোমাই তামুলীক নিযুক্তি দিয়ে ৷ শুকুতি নামৰ এজন সাধাৰণ লগুৱাই নিজৰ দক্ষতা, পাৰদৰ্শিতা আৰু স্বৰ্গদেউৰ প্ৰতি গভীৰ আনুগত্যৰ ফলত দোপতদোপে উন্নতি কৰি মোমাই তামুলী বৰবৰুৱা হ’বলৈ সক্ষম হৈছিল ৷ অশিক্ষিত হৈয়ো তেওঁ কৰা প্ৰশাসনিক আৰু সাংগঠনিক উৎকৰ্ষ অসম বুৰঞ্জীত চিৰস্মৰণীয় হৈ ৰ’ব ৷ তেওঁৰ সাতজন পুত্ৰৰ ভিতৰত লালুকসোলা আছিল জ্যেষ্ঠ আৰু লাচিত কনিষ্ঠ ৷ তেওঁৰ একমাত্ৰ জীয়েকক স্বৰ্গদেউ জয়ধ্বজ সিংহই বিয়া কৰাই তামুলী কুঁৱৰী পাতে ৷  

 স্বৰ্গদেউ চুখাম্‌ফা ওৰফে খোৰা ৰজাৰ দিনত (১৫৫২-১৬০৩) লেচাইডাঙ্গ আছিল  সলাল গোঁহাই ৷ পাছত চুচেংফা ওৰফে প্ৰতাপ সিংহ (১৬০৩-১৬৪১), চুৰম্‌ফা ওৰফে জয়াদিত্য সিংহ বা ভগা ৰজা (১৬৪১-১৬৪৪) আৰু চুতিংফা নৰীয়া ৰজাৰ দিনত (১৬৪৪-১৬৪৮)  এই পদত কাকো নিযুক্তি দিয়া হোৱা নাছিল ৷ চুতাম্‌লা ওৰফে জয়ধ্বজ সিংহ ভগনীয়া ৰজাই (১৬৪৮- ১৬৬৩)  লালুকসোলাক সলাল গোঁহাই পাতে ৷

 ১৬৬২ খ্ৰীষ্টাব্দত মিৰজুমলাৰ সেনাপতিত্বত অহা মোগল বাহিনীয়ে আহোম সেনাক ঘটুৱাই গড়গাঁও পৰ্য্যন্ত দখল কৰে ৷ মিৰজুমলাৰ পথ প্ৰদৰ্শক হয় মোমাই তামুলীৰে এক পুত্ৰ বাদুলি ফুকন ৷ ১৬৬৩ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত ঘিলাঝাৰীঘাটৰ চুক্তি কৰি আহোম ৰাজ্যক কৰতলীয়া কৰি মিৰজুমলাই বাদুলি ফুকনকো লগত লৈ উভতি যায় ৷ এই চুক্তি মতে অন্যান্য বস্তুৰ উপৰিও স্বৰ্গদেউৰ জীয়ৰী ৰমণী গাভৰুক মোগল সম্ৰাট ঔৰঙ্গজেৱৰ পুত্ৰ আজমতাৰালৈ দিব লগা হ’ল; স্বৰ্গদেৱে লগতে ভায়েকৰ জীয়েক মোহিনী আইদেউকো দিলে ৷ ৰমণী গাভৰু আছিল স্বৰ্গদেউৰ তামুলী কুঁৱৰী আৰু মোমাই তামুলী বৰবৰুৱাৰ জীয়ৰীৰ জীয়েক ৷ সেই বছৰৰে নবেম্বৰ মাহত ভগ্ন মনোৰথ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যু হয় ৷ এইবাৰ সিংহাসনত বহে জয়ধ্বজ সিংহৰ দদায়েকৰ পুতেক চক্ৰধ্বজ সিংহ ৷ তেওঁ লালুকসোলাক সলালৰ পৰা আনি দোলাকাষৰীয়া বৰুৱা পাতে ৷

গুৱাহাটীৰ মোগল চুবেদাৰে যেতিয়া বাকী থকা কৰ আৰু হাতী মোগলক সোধাবলৈ টান ভাষাত চিঠি লেখিলে আৰু মোগল সম্ৰাটে কৰতলীয়া ৰজাই মূৰত পিন্ধিব লগা আৰু সম্ৰাটৰ ভৰিৰ চিন থকা শিৰপাও বস্ত্ৰ প্ৰেৰণ কৰিলে, স্বৰ্গদেৱে চৰম অপমানিত বোধ কৰি মোগলৰ লগত যুঁজ দিবলৈ মনস্থ কৰিলে ৷ কিন্তু আতন বুঢ়াগোঁহায়ে পৰামৰ্শ দিলে যে যিহেতু মোগলৰ লগত ৰণ দীৰ্ঘম্যাদী হ’ব, সেয়ে যথাযথ আয়োজনৰ প্ৰয়োজন ৷ গতিকে বাহিৰে মোগলৰ বশ্যতা স্বীকাৰ কৰা যেন দেখুৱাই ভিতৰি ৰণৰ বাবে সাজু হ’ব লাগে ৷

লাচিতৰ উথ্থান: এই ঐতিহাসিক ক্ষণত স্বৰ্গদেৱে মোমাই তামুলীৰ কনিষ্ঠ পুত্ৰ লাচিতক  সামৰিক বাহিনী গঠনৰ ভাৰ দিয়ে; অৰ্থনৈতিক পুনৰ সংগঠন আৰু সকলো গোপন আয়োজনৰ দায়িত্ব ল’লে বুঢ়াগোঁহাই আতনে ৷ আয়োজন সমাপ্ত হোৱাত ১৬৬৭ খ্ৰীঃত লাচিতৰ নেতৃত্বত অসমীয়া সৈন্যই বাঁহবাৰী, কাজলি, ইটাখুলী দুৰ্গ পুনৰোদ্ধাৰ কৰি পাছত গুৱাহাটী আৰু পাণ্ডুও অধিকাৰ কৰে ৷ এই সফলতাৰ বাবে স্বৰ্গদেৱে ১৬৬৮ খ্ৰীঃত লাচিতক বৰফুকন পাতি গুৱাহাটীতে বাহৰ পাতিবলৈ নিৰ্দেশ দিয়ে ৷ অসমীয়া সেনাই বাদুলি ফুকনকে ধৰি মোগলে নিয়া সৰহ সংখ্যক অসমীয়া লোককে ঘূৰাই আনিবলৈও সক্ষম হয় ৷ কিন্তু গুৰু শাস্তিৰ ভয়ত বাদুলি পুনৰ পলাই গৈ মোগলৰ লগ লাগে ৷

ইফালে মোগল সম্ৰাট ঔৰঙ্গজেৱে ৰাম সিংহক সেনাপতি আৰু গুৱাহাটীৰ প্ৰাক্তন থানাদাৰ ৰছিদ খাঁক সহকাৰী সেনাপতি পাতি আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰে ৷ ৰাম সিংহ আহি ১৬৬৯ খ্ৰীঃৰ মাৰ্চ মাহত গুৱাহাটীৰ উপকণ্ঠত উপস্থিত হয় ৷ লাচিতে একে ৰাতিৰ ভিতৰতে শৰাইঘাট কোঠৰ চাৰিওপিনে গড় মৰায় ৷ দুখন স্থল যুদ্ধত জয়ী হৈছিল যদিও নৌ যুদ্ধত পৰাভূত হৈ ৰাম সিংহ হাজোলৈ পিচ হুহকি যায় ৷ অসমীয়া সেনাই শুৱালকুচি আৰু চেচাতো জয়লাভ কৰাত মোগল সেনাই আলাবৈত পাহাৰৰ ওপৰত বাহৰ পাতে ৷ লাচিতৰ অনিচ্ছা স্বত্ত্বেও স্বৰ্গদেউৰ আদেশক্ৰমে আলাবৈত অসমীয়া সেনাই মোগলক আক্ৰমণ কৰে আৰু  ১০০০০ সৈনিক হেৰুৱাই উভতিব লগাত পৰে ৷ লাচিত এই পৰাজয়ত বিহ্বল হৈ পৰে ৷ তেতিয়া আতন বুঢ়াগোঁহায়ে লাচিতৰ মনোবল বঢ়াই কয় যে বাৰীৰ পুখুৰী সিঁচোতেও দহ-বাৰজনক মাগুৰ- শিঙিয়ে খোঁটে ৷ এনে দীঘলীয়া যুঁজত অনেকৰ প্ৰাণ যোৱাত বিচলিত নহৈ পুনৰ ৰণলৈ প্ৰস্তুত হোৱাহে যুগুত ৷

আলাবৈৰ ৰণৰ পৰাজয়ৰ শোকত চক্ৰধ্বজ সিংহই ১৬৬৯ খ্ৰীঃৰ শেষৰ ফালে ইহলীলা সম্বৰণ কৰে ৷ এইবাৰ সিংহাসনত অধিষ্ঠিত হয় ভায়েক চুন্যত্‌ফা ওৰফে উদয়াদিত্য সিংহ ৷ তেওঁ ডেবেৰাক বৰবৰুৱা পদত অধিষ্ঠিত কৰে ৷ ১৬৭১ খ্ৰীঃত ৰাম সিংহই সন্ধিৰ প্ৰস্তাৱ দিয়ে ৷ কিন্তু উদয়াদিত্য সিংহ মান্তি নহৈ পুনৰ ৰণ দিবলৈ বুঢ়াগোঁহাই আৰু বৰফুকনক আদেশ দিয়ে ৷ সেই সময়ত লাচিতৰ আছিল তীড়-কঁপে জ্বৰ ৷ তেওঁৰ অবিহণে অসমীয়া সেনা পিচ হুহকা দেখি তেওঁ জ্বৰৰ গাৰেই নাওঁত উঠে ৷ মনোবল ঘূৰাই পাই ১৬৭১ খ্ৰীঃৰ মাৰ্চ মাহত অসমীয়া সেনাই বিশাল মোগল বাহিনীক কচু কটা দিয়ে ৷ ৰাম সিংহই ৰঙামাটিলৈ পিচুৱাই গৈ বাহৰ পাতি প্ৰতিশোধৰ ক্ষণ গণি ৰয় ৷ লাচিতৰ জ্বৰৰ নিৰাময় নহ’ল আৰু ১৬৭২ খ্ৰীষ্টাব্দত মাত্ৰ ৪০ বছৰ বয়সতে তেওঁ অন্তিম নিশ্বাস পেলায় ৷

লালুকসোলা বৰফুকন: লাচিতৰ মৃত্যুৰ পাচত বৰফুকনৰ দায়িত্ব দিয়া হয় বৰ ককায়েক লালুকসোলাক ৷ ইফালে ১৬৭৩ খ্ৰীঃত ডেবেৰা বৰবৰুৱাৰ সহায়ত উদয়াদিত্য সিংহৰ ভায়েক সৰুজনা গোঁহায়ে ককায়েকক হত্যা কৰাই  চুক্লান্‌ফা ওৰফে ৰামধ্বজ সিংহ নাম লৈ সিংহাসনত বহে ৷ উদয়াদিত্য সিংহৰ মৃত্যুৰ পাছৰ কালছোৱা আছিল আহোম ৰাজ্যৰ ৰাজনৈতিক অস্থিৰতাৰ দিন ৷ ৰামধ্বজ সিংহই ডেবেৰাক ভাঙি কলিয়াক বৰবৰুৱা, লালুকসোলাক ভাঙি সন্দিকৈৰ নাৰায়ণ খনিকৰক বৰফুকন পাতে ৷ কিন্তু কিছুদিনৰ পাছতে কলিয়াক ভাঙি পুনৰ ডেবেৰাক বৰবৰুৱা আৰু নাৰায়ণ খনিকৰক গুছাই লালুকক বৰফুকন পাতে ৷ সেই সময়তে কিবা কথাত লালুকসোলা আৰু আন তিনিজন বিষয়াই ৰজাশহুৰ বৰফুকনৰ বিৰুদ্ধে স্বৰ্গদেউৰ আগত গোচৰ দিয়াত ৰজাশহুৰৰ ফৈদক হাঁফলুঘাটত বধ কৰোৱা হয় আৰু  লালুকসোলাক নাওবৈছা ফুকন নিযুক্ত কৰা হয় ৷ মাত্ৰ দুবছৰ ৰাজপাট ভোগ কৰাৰ পাছত স্বৰ্গদেউ টান নৰিয়াত পৰে ৷ ইতিমধ্যে ডেবেৰা অতি ক্ষমতাশালী হৈ পৰিছিল ৷ স্বৰ্গদেৱে নাৰায়ণ খনিকৰক বৰফুকন পাতি ডেবেৰাক ধৰিবলৈ পঠালে; পাছে ডেবেৰাই তেওঁৰ সহযোগী সকলৰ সহায়ত বৰফুকনক কাটিলে ৷ এইবাৰ ডেবেৰাই দৰব বুলি স্বৰ্গদেউক বিহ খুৱাই মাৰে আৰু চামগুৰীয়া মৰাণ গোঁহাইক আনি চুহুঙ্গ নাম দি স্বৰ্গদেউৰ আসনত বহালে ৷ এইজন ৰজাই পুনৰ লালুকসোলাক বৰফুকন পাতিলে ৷ ডেবেৰাৰ প্ৰতাপ দেখি স্বৰ্গদেৱে বৰকুঁৱৰীৰ কথা মতে ডেবেৰাক হত্যা কৰোৱাৰ চেষ্টা কৰে; কিন্তু ডেবেৰাই এই কথা গম পাই স্বৰ্গদেউক হত্যা কৰাই তুঙ্গখুঙ্গীয়া ফৈদৰ গোবৰ কোঁৱৰক সিংহাসনত বহুৱায় ৷ ৰজা হৈ তেওঁ লালুকৰ ঠাইত সন্দিকৈৰ নৰোত্তমক বৰফুকন পাতে ৷ মাত্ৰ ২০ দিন পাছতে বিষয়াসকলে গোবৰক হত্যা কৰায় ৷ এনে পৰিস্থিতিত অনেক বিষয়াই আতনক ৰাজসিংহাসনত বহিবলৈ অনুৰোধ জনাইছিল ৷ কিন্তু আহোম ৰাজতন্ত্ৰৰ প্ৰতি প্ৰবল আনুগত্য থকা এইজনা বুঢ়াগোঁহায়ে কয় “মন্ত্ৰীৰ এনে কাৰ্য্য অযুগুত”; গতিকে  দিহিঙীয়া ফৈদৰ চুজিন্‌ফা ওৰফে শূৰ সিংহক স্বৰ্গদেউ পতা হয় ৷ তেওঁ নৰোত্তমৰ ঠাইত পুনৰ লালুকসোলাক বৰফুকন পাতে ৷ অৱশ্যে ক্ষমতাৰ বাঘজৰীডাল আতনৰ হাততেই ৰ’ল ৷ বুঢ়াগোঁহাইৰ প্ৰতিপত্তি দেখি চুজিন্‌ফাই বুঢ়াগোঁহাইকে ধৰি সকলো বিষয়াক ৰজাৰ প্ৰতি আনুগত্যৰ শপত ল’বলৈ আদেশ দিয়াত অপমানিত হৈ বিষয়াসকলে একগোট হৈ ৰজাক হত্যা কৰায় ৷

 ইয়াৰ পাছত ৪৫ দিন ৰাজতন্ত্ৰৰ সকলো কাম আতনেই চলাই নিলে ৷ পাছত পৰ্বতীয়া কোঁৱৰ চুদৈফা ওৰফে তেজসিংহক স্বৰ্গদেউৰ আসনত বহুওৱা হয় ৷ আনহাতে বিষয়াসকলে গোট খাই তুঙ্গখুঙীয়া ফৈদৰ গোবৰ কোঁৱৰৰ পুত্ৰ গদাপাণিক ৰজা পাতিম বুলি আনি চাৰিং ৰজা পতাত তেওঁ অসন্তুষ্ট হৈ ঘূৰি যাব খুজিলে ৷ গদাপাণিৰ পত্নী আছিল লাইথেনেপা বৰগোঁহাইৰ জীয়ৰী জয়মতী ৷ এই গোটেই সময়চোৱাত ৰাজতন্ত্ৰৰ প্ৰকৃত ক্ষমতা থাকিল আতনৰ হাততে ৷ কিন্তু তেৱোঁ সেই সময়ত মোগলৰ আক্ৰমণ ৰোধ কৰিবলৈ গুৱাহাটীত থাকিব লগা হৈছিল ৷ শৰাইঘাটৰ ৰণৰ ফলত বাহ্যিক অশান্তি দূৰ হয়; কিন্তু ৰাজ্যৰ মূল নেতাসকল গুৱাহাটীত থকাৰ সুবিধা লৈ ৰংপুৰৰ কিছুমান স্বাৰ্থান্বেষী বিষয়াই বিদ্ৰোহ আচৰণ কৰে ৷ তাকে দেখি বৰফুকন লালুকসোলাৰো ক্ষমতালিপ্সা বাঢ়ি গ’ল ৷ এনেতে এটা অপ্ৰত্যাশিত ঘটনাই লালুকসোলাৰ অভীষ্ট সিদ্ধিৰ বাট বহু পৰিমাণে সুচল কৰি তোলে ৷ কিবা কাৰণত অসন্তুষ্ট হৈ স্বৰ্গদেউ চুদৈফাই আতনক গুছাই দীঘলাক বুঢ়াগোহাঁই পাতে ৷ যদিও আতনৰ পৰা বাধা পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি তথাপি পদমৰ্য্যাদাৰ অবিহনে আতন যথেষ্ট দুৰ্বল হৈ পৰিব বুলি লালুকে অনুমান কৰিলে ৷ ইতিমধ্যে ১৬৭৬ খ্ৰীঃত ঔৰঙ্গজেৱে ৰামসিংহক মোগল সাম্ৰাজ্যৰ দক্ষিণ দিশে শক্তিশালী হৈ উঠা মাৰাঠা শক্তিৰ বিৰুদ্ধে যাবলৈ আদেশ দিয়ে ৷ গতিকে মোগলৰ আক্ৰমণৰ শংকা কমি যায় ৷

এই সুবিধাতে নিজে ৰাজপাটত বহাৰ সপোন লৈ লালুকসোলাই বাদুলি ফুকনৰ সহায়ত বঙ্গৰ মোগল চুবেদাৰ আজমতাৰাৰ লগত মিতিৰালি কৰি ১৬৭৯ খ্ৰীঃৰ মাৰ্চ মাহত বিনা যুদ্ধে গুৱাহাটী মোগলক এৰি দিয়াৰ কথা নিশ্চিত কৰে আৰু  বিনিময়ত মোগলে তেওঁক সিংহাসনত বহাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ এই কথা গম পাই আজমতাৰাৰ আহোম কুঁৱৰী ৰমণী গাভৰুৱে মোমায়েক লালুকসোলালৈ টান ভাষাত চিঠি লিখি এনে কামৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়ে ৷ কিন্তু লালুকসোলাই ভাগিনীয়েকৰ কথা অগ্ৰাহ্য কৰি গুৱাহাটীলৈকে মোগলক এৰি দি গড়গাঁও অভিমুখী হয় ৷ শৰাইঘাটৰ গড় মোগলক এৰি দিয়াৰ কথা গম পাই বাদুলি ফুকনে আহি লালুকসোলাক লগ ধৰি
 এইটো বৰ ভাল কাম নহ’ল বুলি কৈ উভতি গ’ল৷

ক্ৰমশঃ

পৃষ্ঠা ১০
অসমীয়া সমাজৰ লোকাচাৰত চোতাল

চন্দ্ৰলেখা বৰুৱা
শিৱসাগৰ

        মানুহে ঘৰ সাজি লোৱাৰে পৰা চোতালৰ সৃষ্টি হ'ল | ঘৰৰ পিৰালি কইতালি বা পানীপতাৰ পৰা নিৰ্দিষ্ট দূৰত্বৰ আহল-বহল চাফ্-চিকুণকৈ থোৱা ঠাইখনকে চোতাল বুলি কোৱা হয় | এই চোতাল শব্দটো সংস্কৃত ভাষাৰ "চত্বাল " শব্দৰ পৰা উৎপত্তি হৈছে |
        জাতি -বৰ্ণ-নিৰ্বিশেষে অসমৰ প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখৰ চোতালখন হৈছে জীৱন যাত্ৰাৰ এক অবিচ্ছেদ্য অংগৰ দৰে | বিশেষকৈ চোতালৰ শৃঙ্খলাবদ্ধ পৰিৱেশে অসমৰ গাঁৱলীয়া সমাজত এখন আদৰ্শ ঘৰৰ পৰিচয় দাঙি ধৰে |
        অসমীয়া সমাজত জন্ম-মৃত্যু -বিবাহ সংক্ৰান্তীয় আৰু নানান ধৰ্মীয় সংস্কাৰ চোতালতে সম্পন্ন হয় | নৱজাতকৰ সূৰ্য দেখুওৱা উৎসৱ, বিবাহ, মৃতকৰ শ্মশান যাত্ৰাৰ প্ৰাক্-কৰ্ম, মৃতকৰ দহা-কাজ, গৰখীয়া সকাম আৰু বহুবোৰ পূজা-পাৰ্বণ চোতালতে সম্পন্ন হয় |
         কৃষিজীৱী লোকৰ চোতাল হ'ল লখিমীশাল | ধান মৰা, ধান শুকুৱা আনকি খাদ্যাসম্ভাৰৰ সকলো প্ৰস্তুতি চোতালতেই কৰা হয় | অসমীয়া নাৰীৰ লখিমীশাল তাঁতশালক কেন্দ্ৰ কৰি বিভিন্ন বাঁহ-বেতৰ কাম  চোতালতে সম্পন্ন কৰে | আনকি কৰ্মঠলোকে ভাগৰে-জোগৰে আহি চোতালতে জিৰণি লয়হি | সেইদৰে এলেহুৱা জনেও বহি থাকে চোতালতে |
         এই চোতালতেই জোনাক নিশা ককা-আইতাই নাতি-নাতিনীয়েকহঁতক সাধু কয়, আজৰি পৰত পৰিয়াল তথা আত্মীয় স্বজনে সুখ-দুখৰ ভাৱ বিনিময় কৰে | আনকি দৈনন্দিন কাৰ্যাৱলী আৰু ভৱিষ্যতৰ পৰিকল্পনা সম্বন্ধে নানান গুৰুত্বপূৰ্ণ আলোচনা চোতালতেই সুচনা কৰে |
        অসমীয়া সমাজৰ প্ৰতিঘৰ গৃহিনীয়ে পুৱা-গধূলি ঘৰ-চোতাল সাৰি পৰিষ্কাৰ কৰি ৰখাটো  এক পৰম্পৰা | এই  চোতালৰ দাঁতিতে একোণত তুলসী পুলি ৰুই অথবা কাষতে পতা গোঁসাই ঘৰত গৃহিনীহঁতে সন্ধিয়া এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰাটোও অসমীয়া সমাজৰ লোকাচাৰৰ ভিতৰুৱা |
     কিন্তু দুখৰ বিষয়, আজি বিশ্বায়নৰ যুগত  নগৰীয়া ধৰণ-কৰণ, বৈজ্ঞানিক দৃষ্টিভংগী আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ বাবে অসমীয়া সমাজত চোতালৰ গুৰুত্ব কিছু কমি আহিছে | আহকচোন আমি আমাৰ পৰিচয় চোতালখন ধৰি ৰাখি অসমীয়াৰ চিনাকী চোতালখনক চিৰযুগমীয়া কৰি ৰাখোঁ।

পৃষ্ঠা ১১
ধাৰাবাহিকঃ
সমাধিস্থ সপোনত
অংকুৰিত পোহৰ

মিনাৰা হুছেইন, নগাঁও

যোৱা সংখ্যাৰ পিছৰ পৰা

( তৃতীয়)

"বোৱাৰী ...."
            মালতী বাইৰ মাতত চক খাই উঠিলোঁ। ডাইনিং টেবুলৰ পৰা সকলো উঠি গৈছিল। কিমান সময় যে এনেদৰে বহি থাকিলো গমকে নাপালোঁ।

   "উঠা...বহুত দেৰি হ'ল।যোৱা শুই থাকা। মই অনুৰ বিছনাখন ঠিক ঠাক কৰি আহিলোঁ। তাই ইতিমধ্যে শুলেই কিজানি"
     মালতী বায়ে মোৰ মূৰত হাত বুলাই দিলে।
    মোৰ চকুলো বৈ আহিল। সঁচাকৈয়ে কিছুমান সম্পৰ্ক নিজে নিজে গঢ় লৈ উঠে। কৃত্ৰিমতাৰ পৰা বহু আঁতৰৰ মনৰ আপোন। এই মুহূৰ্তত  মালতী বাইতকৈ আপোন যেন কোনোৱে নাই।
    " জানা মালতী বাই, মই আচৰিত হওঁ অনুৰাগ, মা দেউতাই বাৰু নিজৰ মান, সন্মান আৰু সামাজিক প্ৰতিপত্তিক কিয় সদায় অধিক মূল্য দিয়ে ? সদায়েই নিজৰ পুত্ৰ অনুৰাগৰ গুণ গৰিমা লৈ গৰ্বিত। কিন্তু ৰাধাৰ প্ৰতি কিয় ইমান উদাসীন।"

     চকুৰে বৈ অহাজাকক নিজৰ আচলেৰে মচি মালতী বায়ে হুমুনিয়াহ কাঢ়িলে। কৈ গ'ল বহু কথা। স্মৃতি, গ্লানি, যন্ত্ৰণাৰ সকলোবোৰ কথা।আজি যেন মালতী বাইক কোনেও বাধা দিব নোৱাৰে। যি কুৰা জুই লৈ অ'তদিনে জ্বলি আছিল, সেয়া যেন চকুৰ লোতকেৰে ওলিয়াই দিব।
          
      বিৰেণ বৰকটকী , ৰামপুৰ চাহ বাগিচাৰ মালিক ৰমেশ বৰকটকীৰ একমাত্ৰ পুত্ৰ। বিদেশত পঢ়ি অসমলৈ আহিছিল। বিদেশ এৰি আহিছিল যদিও বিদেশী আদব কায়দা এৰিব পৰা নাছিল। ৰমেশ বৰকটকীৰ মৃত্যুৰ পিছত বাগিচাৰ মালিকিচত্ব বিৰেণ বৰঠাকুৰৰ হাতত জাপি দিয়া হ'ল। চাহ বাগানৰ বনুৱাসকলৰ সুন্দৰ গাভৰু  সকল তেওঁৰ উৎপাতত বাগানলৈ যাবলৈ ভয় কৰা হ'ল। তেওঁলোকৰ ঘৰত দুজনী ঘাত মাওৰা বাগানীয়া ছোৱালী আছিল ৰমেশ বৰকটকীৰ দিনৰে পৰা। ডাঙৰ জনী গৌৰী আৰু সৰুজনী মালতী। মাক দেউতাক নোহোৱা ছোৱালী দুজনীক ৰমেশ বৰকটকী আৰু তেওঁৰ পৰিবাৰ মীৰাবালা বৰকটকীয়ে বৰ মৰম কৰিছিল। কিন্তু বিৰেণ বৰকটকী ঘৰলৈ অহাৰ পিছত মাকৰ ভয় হ'ল নিজৰ একমাত্ৰ পুত্ৰ বিৰেণক লৈ।ইতিমধ্যে গৌৰীৰ গাত যৌৱনে দেখা দিছিল। 

       মীৰাবালা বৰকটকীয়ে একমাত্ৰ পুত্ৰৰ বাবে চহৰখনৰ  এচ ডি চিৰ উচ্চশিক্ষিতা, দেখনিয়াৰ একমাত্ৰ কন্যা অনিমা শৰ্মাৰ লগত বিয়া ঠিক কৰিছিল। দিন বাৰ চাই বৰ ডাঙৰকৈ বিয়াখন পতা হৈছিল। সকলো ঠিকে ঠিকে চলি আছিল। অনিমাই শাহুয়েকৰ খুব যত্ন লৈছিল। বিৰেণ বৰকটকীক যিমান পাৰে সন্তুষ্ট কৰিবলৈ যত্ন কৰিছিল। কিন্তু ...? 
          বাহিৰৰ বস্তুৰ প্ৰতি বেছি আসক্ত বিৰেণ বৰকটকীয়ে যেন ঘৰত থকা সুন্দৰী পত্নীকো অবজ্ঞা কৰিবলৈ আৰম্ভ কৰিছিল। মীৰাবালাই বোৱাৰীয়েকক বুজাইছিল।  অনিমা মাক হ'বলৈ ওলাইছিল। মীৰাবালা বৰকটকীয়ে বোৱাৰীয়েকৰ সকলো ধ্যান ৰাখিছিল। কিন্তু বিৰেণ বৰকটকী ? গৰ্ভৱতী পত্নীক ঘৰত থৈ ৰাতি ৰাতি ক্লাবত থকা হৈছিল।

        অনিমাই সকলো দেখি সহি গৈছিল। কিয়নো তেওঁক সৰুৰে পৰা শিকোৱা হৈছিল যে নাৰী ধৈৰ্য্যৰ প্ৰতীক। নাৰীয়ে স্বামীৰ সকলো কথা মানিব লাগে। কিয়নো আমাৰ সমাজখন পুৰুষতান্ত্ৰিক। পুৰুষ অবিহনে নাৰী অস্তিত্বহীন। সৰুৰে পৰা এনেকুৱা দেখি আহিছে। অনিমাই সকলো দেখিও সুখী।কিয়নো তেওঁ বাগানৰ মালিকনী। বিশাল ঘৰটোত তেওঁৰ কাম কৰিবলৈ কেইবাজনীও বনকৰা মানুহ আছিল। দামী দামী দেশী বিদেশী কাপোৰ গহনাৰে আলমাৰীবোৰ ঠাহ খাই আছিল।। মুঠতে একোৰে অভাৱ নাই। ক্লাবৰ ফাঙচনবোৰতো তেওঁক বহুত সন্মান দিয়ে। তেওঁ যে বাগানৰ ফাষ্ট লেডী। এনেকৈয়ে দিনবোৰ গৈ থাকিল। অনুৰাগৰ জন্ম হ'ল। বিৰেণ বৰকটকীয়ে ডাঙৰ ভোজ পাতিলে। অনিমা গোটেই দিন ব্যস্ত অনুৰাগক লৈ। যিজন বিৰেণ বৰকটকী আগতে ঘৰত খুব কম সময় কটাইছিল, সেইজন বিৰেণ বৰকটকী ঘৰতে থকা হ'ল অনুৰাগৰ লগত । অনুৰাগৰ চাৰিবছৰীয়া জন্মদিনৰ দুদিনমান পিছতে মীৰাবালা বৰকটকীয়ে ইহলীলা সম্বৰণ কৰিছিল।  
     ঘৰখন যেন সলনি হৈ গ'ল। ঘৰৰ জ্যেষ্ঠ জনক হেৰুৱাই ঘৰখনে যেন কান্দি উঠিছিল। মালতীয়ে গোটেই দিন অনুৰাগৰ লগত। গৌৰীয়ে পাকঘৰত লাগি দিয়ে ৰান্ধনীৰ লগত। গৌৰীয়ে যেন মন মাৰি থকা হ'ল। মীৰাবালা বৰকটকীৰ মৃত্যুৰ পিছৰে পৰা যেন গৌৰীয়ে হাঁহিবলৈ পাহৰি গৈছিল। কথা কোৱাৰ স্পৃহা যেন একেবাৰে নোহোৱা হৈ গৈছিল।

আগলৈ...

পৃষ্ঠা ১২
ধাৰাবাহিকঃ
পোছাকৰ আঁৰৰ মানুহজন

শিখামণি গগৈ, দুলীয়াজান

(যোৱা সংখ্যাৰ পিছৰ পৰা)

খণ্ড=৬

অচিনাকি চহৰ খনলৈ আহিয়েই অলিয়ে-গলিয়ে সোমাই সেই লম্পট জনক বিচাৰি ফুৰিবলৈ ধৰিলোঁ। কলেজৰ পৰা আহিয়ে কোনোমতে নাকে-মুখে ভাত কেইগৰাহমান গুজি অকণমানো জিৰণি নোলোৱাকৈ ওলাই আহোঁ হোষ্টেলৰ পৰা। বাৰ ডায়েৰীত লিপিবদ্ধ হৈ থকা সেই পাষণ্ডটোৰ নামটো  কৈ সোধোঁ। যাকে সন্মুখত লগ পাওঁ তাকে। এই চহৰৰ এই নামৰ ব্যক্তিজনক চিনি পায় নেকি বুলি ? কোনো কোনোৱে চিনি নাপাওঁ বুলি ভালকৈ উত্তৰ দিয়ে,  কোনোৱে আকৌ অদ্ভূত চাৱনি এটি দি আঁতৰি যায় কাষৰ পৰা।হয়তো ,হয়তো মোক মানসিক ভাৰসাম্যতা হেৰুৱাৰ মানুহ বুলিয়ে ভাৱি লয় চাগৈ।
ভাৱে চাগৈ, এইহেন চহৰ খনত এনেদৰে কেৱল  মানুহৰ নামটো কৈ কোনো ঠাই-ঠিকনা নজনাকৈ ভাল মগজুৰ  মানুহে মানুহক বিচাৰি ফুৰেনে!

ঘূৰি ঘূৰি সদায়ে নিৰাশ হৈ গধূলি ঘূৰি আহোঁ হোষ্টেলৰ কোঠালৈ। ভাগৰি-জুগৰি আহিলেওঁ মা-দেউতাৰ একমাত্ৰ জীয়াই থকাৰ আশাৰ স্থল, মোক লৈ কৰা আশা ভৰা মুখ দুখনলৈ মনত পেলাইয়ে ক্লান্ত মই পঢ়া টেবুলত বহোঁ। 
      
 এই চহৰলৈ অহা মোৰ দুটা আচল উদ্দেশ্যৰ ভিতৰত পঢ়া-শুনা কামবোৰ সুকলমেই হৈ গৈ আছিল যদিও মই মোৰ মনৰ ভিতৰত লৈ ফুৰা সাত বছৰীয়া সেই  লক্ষ্য জয় কৰিবলৈ অহা উদ্দেশ্যটোত সফল নোহোৱাত  আশাহীন হৈ পৰিলোঁ ভিতৰি ভিতৰি। হতাশাক প্ৰশ্ৰয় নিদি অস্থিৰ মনটোক স্থিৰ কৰিবৰ বাবে ক্ৰমে ক্ৰমে ক্ৰমান্বয়ে এৰি দিছিলোঁ অলিয়ে গলিয়ে সেই ধূৰন্ধৰ চৰিত্ৰহীনটোক বিচাৰি ঘূৰিবলৈ। ৰাস্তাত আগভেটি ধৰি  ধৰি মানুহক সোধা  সেই কামটো কৰিবলৈও বাদেই দিছিলোঁ প্ৰায়ে। ভাবি লৈছিলোঁ সেই উদ্দেশ্যত সফল নহ'লেও মই পঢ়া-শুনা ভালকৈ কৰি অন্ততঃ দুখৰ কলিয়া মেঘে আৱৰি আন্ধাৰ হৈ থকা আমাৰ ঘৰখনৰ মা-দেউতাৰ মুখ দুখনত অকণমান পোহৰ আনিবলৈ চেষ্টা কৰিম। পৃথিৱীৰ সকলো যন্ত্ৰণা হেলাৰঙে সহ্য কৰিব পাৰিলেও প্ৰকৃত সন্তানে নোৱাৰে অনবৰতে মাক-দেউতাকৰ চকুত চকু পানী চাই থাকিব, নোৱাৰে বুকুত পাহাৰ সম দুখৰ ভঁৰাল সাজিব। সেয়েহে স্থিৰ কৰি ল'লো পঢ়া-শুনাবোৰকে...

      পঢ়াত ভাল বাবেই কলেজৰ প্ৰায়বোৰ মোৰ লগত পঢ়া ল'ৰা-ছোৱালীয়ে মোৰ পৰা নোটচ্‌ বিচাৰিছিল।মইও সকলোকে বিনাদ্বিধাই মোৰ নোটচ্‌বোৰ দি দিছিলো বিচৰা সকলক।
ব্যতিক্ৰম হোৱা নাছিল মোৰ সহপাঠী ৰাগিনীও এই ক্ষেত্ৰত।

     কিন্তু ভাগ্যৰ কি বিড়ম্বনা।প্ৰায়বোৰ সহপাঠীৰ ভিতৰত ৰাগিনী হৈ পৰিছিল মোৰ বাবে অতিকে ব্যতিক্ৰম ।

কাৰণ। কাৰণ মই বৰ আশাৰে নোটচ্‌বোৰ বহুতক দিছিলো যদিও মোক পিছদিনাখন বহীখন ঘূৰাই দিওঁতে  কোনেও মই আশা কৰা ধৰণে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হোৱা নাছিল বা মোক কোনেও বহীখনৰ পিছফালে বৰ বৰ আখৰেৰে মই লিখি থোৱা সেই বাক্যষাৰৰ উদ্দেশ্যনো কি, কিয় লিখি থৈছো প্ৰশ্নও কৰা নাছিল।

একমাত্ৰ ৰাগিনীয়ে উত্তৰ দিছিল নোটচ্‌ লিখি বহীখন ঘূৰাই দিওঁতে মোক। সুধিছিল, এটা দুটাকৈ অনেক প্ৰশ্ন সেই বিষয়ে ।

ৰাগিনীৰ লগত কথা পাতি লাহে লাহে আশাহীন হৈ পৰা মনটোত আকৌ আশাৰ ৰেঙনি ভাঁহি আহিছিল মোৰ এই চহৰলৈ অহা দ্বিতীয়টো উদ্দেশ্য সফল হোৱাৰ পথ সহজ দেখি। লাহে লাহে ৰাগিনীৰ লগত মোৰ সম্পৰ্ক গভীৰৰ পৰা গভীৰ হৈ আহিছিল। দুয়োৰে মাজৰ বন্ধু-বান্ধৱীৰ সম্পৰ্কটো এদিন প্ৰেমলৈ ৰূপান্তৰ হৈছিল। বহুত ভাল পাই পেলাইছিল ৰাগিনীয়ে মোক, বিশ্বাস কৰিছিল। মোৰো ভাল লাগিছিল তাইক ,বিশ্বাস কৰি পেলাইছিলো ৰাগিনীক।  

এই চহৰলৈ পঢ়িবলৈ অহাৰ উদ্দেশ্যৰ লগতে মোৰ মনত পুহি ৰখা সাতবছৰীয়া সেই গোপন অভিসন্ধিৰ কথাবোৰ বহল ভাৱে কৈ  দিছিলো এদিন ৰাগিনীক সকলো।মন্ত্ৰমুগ্ধ হৈ শুনি গৈছিল তাই মোৰ "বা"ৰ মৃত্যুৰ সেই অসহনীয় কথাবোৰ, বাক হেৰুৱাৰ যন্ত্ৰণাত  মা-দেউতাৰ  বুকুত যে এতিয়াও দুকুৰা চিতা জুই জ্বলি  আছে সেই কথাবোৰ। কথাবোৰ শুনি শুনি এটা সময়ত উচুপি উঠিছিল ৰাগিনী। মোৰ হাতত হাত থৈ কথা দিছিল তাই মোক "মই সহায় কৰিম তোমাক ৰক্তিম।"
          
  পৰহি দিনা ৰাগিনীয়ে মোক নিমন্ত্ৰণ কৰিছিল তাইৰ ঘৰলৈ ভাত খোৱাকৈ। অকণমান সময় ড্ৰয়িং ৰুমথ বহিবলৈ দি বাধ্য কৰাইছিল তাইৰ ৰূমলৈ নি বিছনাত তাইৰ গাৰ ওপৰত পৰি দিবলৈ। তাৰপিছত  মাক-দেউতাক তাই আৰু মোৰ ওচৰ পোৱাকৈ তাই গগণফলা চিঞৰ লগাইছিল।

তাৰ পিছত ! তাৰপিছত যে ঘটা প্ৰতিটো ঘটনা যেন মোৰ বাবে একো একোটা নাটকৰ দৃশ্যপট।
      
 আনকি   আপোনালোকে মোক এৰেষ্ট কৰিবলৈ যোৱাৰ আগত, তাই মোৰ ৰুমলৈ আহি মোক সম্পূৰ্ণভাৱে নিৰ্ভয় দি  কৈ গৈছিল হি " তুমি এই চহৰলৈ যি উদ্দেশ্য আৰু লক্ষ্য লৈ আহিছিলা সেই আশা পূৰ্ণ হোৱাৰ পথ মই আজি অতি সহজ কৰি দিছো ৰক্তিম।মাথোঁ! মাথোঁ এতিয়া তুমি কথা আৰু কামবোৰ কেনেকৈ নিজক বচাই ন্যায়িকৈ কৰি যাব পাৰা সেইয়া একমাত্ৰ তোমাৰ ওপৰত নিৰ্ভয় কৰিব।মই আছো সকলো সময়তে তোমাৰ লগত। মোৰ ওপৰত যদি তোমাৰ বিশ্বাস আছে। মাথোঁ এটা বস্তু, এটা বস্তু মোক দিয়া তুমি তোমাৰ মোৰ ভালপোৱাৰ নামত।

চাইছিলো তাইলৈ সেইসময়ত মই তধা লাগি। হাৰি গৈছিলো মই ৰাগিনীৰ মৰমৰ অনুৰোধত । সাতবছৰে মোৰ গাৰ ছাঁৰ দৰে মোৰ লগত থৈ দিয়া "বা"ৰ ধৰ্ষণৰ অপৰাধত সাক্ষী সেই বিশেষ ডায়েৰীখন তাইক দি দিবলৈ বাধ্য হৈছিলোঁ।

হাঁ !
ডায়েৰীখন তাৰমানে এতিয়া ইয়াৰ হাতত নাই। মোৰ ভাগিন ৰাগিনীৰ হাতত। আস্‌ মোৰ মৰমৰ ভাগিন ৰাগিনী। তই কেনেকৈ ইমান বুদ্ধিমতী হ'লি অ' ইমান সৰুতেই। কেনেকৈ ইমান চালাকী শিকিলি। তোক ! তোক মই কি উপহাৰ দি পুৰস্কৃত কৰিম এই উপকাৰৰ বাবে ! এতিয়া !এতিয়া মই বাচি গ'লো ! কোনো চিন্তাৰ কাৰণ নাই।সকলো বিপদৰ পৰা ৰক্ষা পৰিলোঁ । এনে লাগিছে । এনে লাগিছে যেন এই সময়ত এই পৃথিৱীত মোতকৈ সুখী  আৰু কোনো নাই। কথাবোৰ ভুনভুনকৈ কৈ মুখৰ ভিতৰতে অট্টহাস্য কৰি উঠিল চলিহাই।
       
ভাল লাগিছে ! সঁচাই  বহুত ভাল লাগিছে মনটো আজি মোৰ। ৰাগিনীৰ দৰে এজনী সৎ সাহসী ছোৱালীৰ বাবেই আজি সাতবছৰৰ আগতে "বা"ক ধৰ্ষণ কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা সেই অপৰাধী জনক এই হেন চহৰ খনত বিচাৰি পালোঁ।

:: বিচাৰি পালোঁ মানে ? ক'ত বিচাৰি পালা তুমি ?

কটকী ,দাস ,বড়া তিনিওজনে  বিস্ময়ভৰা দৃষ্টিৰে চাই সমস্বৰে সুধিলে তাক।
 
অসীম চলিহাই বহাৰ পৰা খপজপকৈ  উঠি খৰখোজেৰে পায়চাৰি  কৰিবলৈ ধৰিলে ।বিপদৰ পৰা বাচিব পাৰিম বুলি জানিও ল'ৰাটোৰ মুখত এইমাত্ৰই নিজৰ নামটো শুনিবলৈ পোৱা ভয়, শংকা, লাজত ভিতৰৰ  পৰা ঘামি উঠিল চলিহাৰ সৰ্বশৰীৰ। সাজু হ'ল ভাবি থোৱা মতেই  তেওঁ...

:: সেইজন। সেইজনেই মোৰ বাক ধৰ্ষণ কৰি মৃত্যু মুখলৈ ঠেলি দিয়া অপৰাধীজন। এই পাষণ্ডটোৱেই মোৰ বাক শেষ কৰি দিলে।

আগলৈ----

পৃষ্ঠা ১৩
অণুগল্পঃ

ক/ প্ৰতিৰূপ

ৰিতামনি বায়ন 
 বৰপেটা

কটন কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ নীলিমক প্ৰথম দেখাৰ দিনাই নিবেদিতাৰ মনত অসীম আনন্দ। তাই এপলক দৃষ্টিৰে নীলিমৰ ফালে সদায় চাই ৰয়। কলেজত কেতিয়াবা সি অনুপস্থিতিত থাকিলে লগৰ ল'ৰাবোৰক তাৰ কথা সুধে আৰু সিহঁতৰ সন্মুখত তাৰ গুণানুকীৰ্তন কৰে। লাজকুৰীয়া স্বভাৱৰ নীলিমৰ এই কথা কাণত পৰাত সি অধ্যক্ষক গৈ কথাটো অবগত কৰালে। অধ্যক্ষজনে পিছদিনাখন  নিবেদিতাৰ দেউতাকক কলেজলৈ মাতি আনি ক'লে যে আপোনাৰ ছোৱালী নিবেদিতাই তাইতকৈ বয়সত সৰু নীলিম নামৰ অতি মেধাসম্পন্ন ল'ৰা এজনক মানসিক শাস্তি দি আছে। এইবাৰলৈ তাইক ক্ষমা কৰা হ'ল। কিন্তু দ্বিতীয়বাৰ নহ'ব। এই কথা শুনি দেউতাকৰ মূৰত সৰগ ভাগি পৰা যেন হ'ল। কিয়নো দুবছৰ আগতে পথ দুৰ্ঘটনাত নিহত হোৱা একমাত্ৰ সৰু ভায়েক নিলয়ক নিবেদিতাই  আকৌ এবাৰ হেৰুৱাব লগা হ'ল।

খ/ এচিড বিহংগিনী

মাৰফৎঃ দীপান্বিতা ভট্ট
গাঁও-কুমাৰপাৰা, ডাকঘৰ-চেঙেলীয়াঝাৰ,
জিলা- দৰং, ( অসম)
পিন- ৭৮৪১৪৫
মোবাইল-৬৯০১৭১৩৫১০

তাই দেখিবলৈ বৰ কুৎচিৎ৷ তাইক দেখিলে বহুতে ঘিণ কৰে ৷ তাইৰ মুখখনি দেখিলে বহুতে চকু মুদে৷ কিন্তু তাইয়ো এদিন সৰগৰ অপ্সৰাৰ দৰে আছিল৷ চালে চকু ৰোৱা ধুনীয়া আছিল তাই৷ তাইৰ সুন্দৰতাক সকলোৱে ঈৰ্ষা কৰিছিল৷ সেই ঈৰ্ষাৰ বলি হৈছিল তাই ৷ নিমিষতে থানবান হৈ গৈছিল আকাশ চুব খোজা লাহি সোণালী ডেউকা মেলা তাইৰ যৌৱন ৷ তাইৰ গোলাপৰ দৰে কোমল মুখখনিত অমাৱস্যাৰ কাঁইটে বিন্ধিছিল৷ আঁউসীৰ পাছত পৃথিৱীলৈ জোনে পোহৰ আনে৷ কিন্তু তাইৰ জীৱনৰ অমাৱস্যাৰ ৰাতি নুপুৱাল৷ এটি মাথোঁ শব্দই এতিয়াও তাইক আতংকিত কৰি তোলে৷ এচিড...৷

পৃষ্ঠা ১৪

গ/ অপচয়

অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০

পুৱতি নিশালৈ পাৰ্টী চলিছিল। এতিয়াই মালিকহঁ‌তৰ কোনো উঠাৰ আশা নাই। চাৰিওফালে চাফ-চিকুণ কৰোঁ বুলি ভাবোঁ‌তেই মালতীৰ কাণত পৰিল পাছফালৰপৰা ভাঁ‌হি অহা কাউৰী-কুকুৰৰ চিঞৰ-বাখৰ। দৰ্জাখন খুলি চকু কপালত উঠিল। পেলনীয়া খাদ্যৰ এটা মস্ত দ'ম। ভাত, মাছ, মাংস আৰু কত যে কি!

ৰাতি আলুপিটিকা আৰু নিমখ-তেলেৰে ভাতকেইটা আগত লৈ মুখ বিকটাই থকা ল'ৰা-ছোৱালীকেইটাৰ মুখকেইখনে মালতীক আমনি কৰিবলৈ ধৰিলে।


পৃষ্ঠা ১৫
এক মিনিটৰ গল্পঃ
দুখ

জোনমনি দত্ত
মাজ গাঁও চাপৰি চুক
তামুলীছিগা, জাঁজী

: কি হ'ল ঔ আইজনী ? এনেদৰে মন মাৰি বহি আছ যে !

: নাই মা একো  হোৱা নাই ।এনেই  আছো ।
জানো  আইজনী তই মোৰ পেটৰ পো  ; তোৰ যে কিবা  এটা হৈছে  মই ভাল দৰে  উপলব্ধি  কৰিছোঁ । বাৰু যাচোন তই মোৰ এই পথাৰৰ কাপোৰ কেইটা মই ধুই দিছো , তই মেলি থৈ আহ ।

: অ' মা কাপোৰ কেইটা মেলিলো  তোক ছাগে  ৰ'দে  বাৰুকৈয়ে  ধৰিব পায়  । যিহে টিকা-ফটা ৰ'দ দিছে ।  হো  ল'  এই টেঙা পানীকন খাই ল' ।
: দে খাই লওঁ বাৰু , এতিয়া তোৰ কথা ক।

: মা  তোক ক'বলৈ বেয়া  লাগিছে  ঔ । দিনৰ দিনটো ইমান  কষ্ট কৰিছ  । দেউতাৰ যদি বেমাৰ হৈ নৰীয়া পাটী নল'লে হেঁতেন তোৰ ইমান কষ্ট নহ'ল হেঁতেন।

: হ'ব হ'ব দে মই তোৰ কথাতোহে সুধিছো । এইবোৰ লেকচাৰ বাদ দে ।দেউতাৰে শুনাকে তেনেকৈ নকবি ।

: শুন চোন মা ম'বাইটো ল'য়  দিলি  সাচি জোপা বেছি । মাহে মাহে  পইছা ভৰাই দিছ  হাঁহ ,কুকুৰা বেছি, লগতে গৰুৰ গাখীৰ বেচি ,বাৰীৰ পাচলি বেচি দেউতাৰ দৰব ,ঘৰত খোৱা যোগাৰ  কিমান  যে নকৰিছ । এতিয়া  আহিল আকৌ " অনলাইন" পৰীক্ষা । পৰীক্ষা  দিবলৈ ম'বাইলত  পইছা  নাই  এতিয়া কি কৰো ক'। কুকুৰা কেইটা  বেছি বেছিও  শেষ হ'ল  । পইছা  এতিয়া ক'ৰ পৰা পাম ।
: অ' তই  সেইটো  চিন্তা কৰিহে  মন মাৰি আছ । হ'ব দে  এই বাৰলৈ হাঁহ এটা আছে  তাকেই বেছি দিম । সিদিনা আহি এজনে বিচাৰি গৈছে।

: এইবাৰলৈ যেনিবা হাঁহ টোকে  বেছিবি  । পিছে অহা মাহলৈ কি কৰিবি !

: তই ইমানবোৰ চিন্তা কৰিব নালাগে । তই পঢ়া মানুহ পঢ় । অহা মাহত চলিবৰ কাৰনে  পইছা যোগাৰ কৰি থৈছো । এইবাৰ ৰুৱা তোলা কৰা  পইছা কেইটা  মই অনা নাই নহয় , সেই কেইটা জমা কৰি  ৰাখিছো । প্ৰয়োজন হ'লে আনিম বুলি ।
: অ' তই যি ভাল দেখ মা ।

ইমান সময়ে  মাক জীযেকৰ  কথা  টনকলা মাৰি  শুনি  থকা  দেউতাক  ৰমেনে   বিছনাত  পৰি নিৰৱে চকুলো  টুকিলে । তেওঁ কাতৰেৰে ভগৱানক খাতিলে "প্ৰভূ মোক এই ভৱ বৈতৰণীৰ পৰা  উদ্ধাৰ কৰা।"

পৃষ্ঠা ১৬
অহল্যা

হিৰণ ভূঞা
মুম্বাই

সমস্ত পৃথিৱী যেতিয়া টোপনিত লালকাল নিশিতাই তেতিয়া বিনিদ্ৰ ৰজনী কটায়। দীঘল আইনাখনৰ সন্মুখত থিয় হৈ তাই নিজৰ প্ৰতিবিম্বকে সোধে কিমান বছৰ বাৰু...?
    তাই বিশ্ববিদ্যালয়লৈ গৈছিল, বুকুত সপোন বান্ধি। দিনবোৰ  ভালেৰেই আৰম্ভ হৈছিল।  বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ ৰং আকাশত ফাকু খেলাৰ ছবি উপভোগ কৰাৰ সময়তে দেউতাকে ডাঃ বিভাশ বৰুৱাৰ লগত বিবাহ বান্ধোনত বান্ধি দিলে। দিনবোৰ ৰঙীন ভাবে অতিক্ৰম কৰিছিল। এদিন বিভাশ নথকাৰ সুযোগত তেওঁৰ বন্ধু  অলকেশ শৰ্মা তাহাঁতৰ ঘৰলৈ আহিছিল। অলকেশৰ আগমনত তাই অলপো ভাল পোৱা নাছিল। কিন্তু বিধিৰ বিধান কোনে খণ্ডাব ?  গৌতম ৠষিৰ অবৰ্তমানত স্বৰ্গৰ ৰজা ইন্দ্ৰ অহল্যাৰ ৰূপত পাগল হৈ সতীত্ব নাশ কৰিছিল তেনেদৰেই অলকেশেও তাইৰ লগত কৰিছিল চৰম অন্যায়।
            বিভাশক তাই সকলো কৈছিল। নকোৱাকৈ থাকিব পাৰিলে হেতেন কিন্তু তাইৰ বিবেকে তাইক ক'বলৈ দিছিলে। ঘটনাটো শুনি বিভাশে যি সিদ্ধান্ত লয় তাই তাকে গ্ৰহণ কৰিব বুলিয়ে । সেই দিন ধৰি দুয়ো পতি পত্নী একেটা ঘৰতে দুটা প্ৰাণী থকাদি আছে। বাহিৰত কোনোৱে নাজানে সিহঁতৰ সংসাৰত ঘুণে ধৰিছে। 
       তাই বিগলিত হৃদয়েৰে কৰুনা বিচাৰে, তাইৰ একো দোষ নাথাকোতে এই শাস্তি পাইছে।  বিভাশৰ মৌন শাপত তাই প্ৰাণহীন এটি শিলত পৰিণত হৈছে। কোনদিনা কোনোবা ৰাম আহি তাইক শাপভ্ৰষ্ট কৰিব ?
এই অপেক্ষা বৰ কষ্টকৰ। এজন লম্পটৰ বাবে এহাল দম্পতী নৰক যন্ত্ৰণা ভোগী আছে । তাই  অধিৰ অপেক্ষাৰত, 
কোনোবা যাদুকৰী ৰামৰ। যাৰ ভৰিৰ স্পৰ্শত প্ৰাণ পাইছিল শাপগ্ৰস্থ  অহল্যাই ‌।
প্ৰতিটো উজাগৰী নিশা যন্ত্ৰণা নাশি কাৰোবাৰ দৃষ্টি পৰিবনে শিলৰ চকুলোত ?

পৃষ্ঠা ১৭
অনুবাদ কবিতা ঃ

ECHO
(By Christina Rossetti)

Come to me in the silence of the night;
Come in the speaking silence of a dream;
Come with soft rounded cheeks and eyes as bright
As sunlight on a stream;
Come back in tears,
O memory  hope, love of finished years.


Oh dream how sweet too sweet, too bitter sweet,
Whose wakeing should have been in paradise,
Where souls brimful of love abide and meet;
Where thirsting, longing eyes watch the slow door
That opening, letting in, lets out no more.

Yet come to me in dreams, that I may live
My very life again tho' cold in death:
Come back to me in dreams, that I may give
Pulse for pulse, breath for breath:
Speak low, lean low,
As long ago, my love, howp long ago.

প্রতিধ্বনি 
( মূল:  ECHO by Chistina Rossett
 অনুবাদ:  প্রাণকৃষ্ণ গোস্বামী) 

ৰাতিৰ নিস্তব্ধতাত আহাঁ মোৰ কাষলৈ,
আহাঁ নিস্তব্ধতাৰ কথন হৈ সপোনৰ;
আহাঁ কোমল গোলাকাৰ গাল আৰু চকুৰ উজ্জ্বলতা লৈ
যেন ঝৰণাত উপচি পৰা পোহৰ সুৰুযৰ,
লোতক ভৰা চকুৰে ঘূৰি আহাঁ,
হে' অতীত হোৱা বছৰবোৰৰ স্মৃতি, আশা, ভালপোৱা ৷

অ' - সপোন কেনে মধুৰ, ইমান যে মধুৰ, ইমান তিক্ত মধুৰ ,
যাৰ জাগৰণ হ'ব লাগিছিল সৰগত,
য'ত পাৰ ওপচা ভালপোৱাৰে বাস কৰে আৰু লগ হয় আত্মাবোৰ,
য'ত ধীৰ গতিৰ দুৱাৰখন চাই থাকে পিপাসী, হেঁপেহুৱা চকুবোৰে
যি খোল খায়, সোমাব দিয়ে, কোনোয়েই ওলাব নোৱাৰে  ৷

তথাপি মোৰ সপোনত আহিবা, যাতে মই পাৰিম জীৱ
মোৰ সেই জীৱনটো পুনৰ, যদিবা মৃত্যুৰ শীতলতাত:
ঘূৰি আহিবা মোৰ সপোনবোৰত,  যাতে মই পাৰিম দিব
স্পন্দনৰ বাবে স্পন্দন, উশাহৰ বাবে উশাহ:
সৰুকৈ কথা কোঁৱা, তললৈ হাউলি লোৱাঁ,
বহুদিনৰ আগৰ দৰে, কিমান দিনৰ যে আগৰ কথা ৷

( খ্ৰীষ্টিনা জৰ্জিনা ৰ'চ্চেট্টি ( Chrstina Georgina Rossetti,1830-1894) এগৰাকী বৃটিশ কবি আছিল ৷ তেওঁ ৰোমাণ্টিক, ভক্তিমূলক আৰু শিশুকবিতা লিখিছিল ৷ তেওঁৰ দেউতাকো এগৰাকী কবি আছিল আৰু তেওঁৰ এজন ককায়েক আৰু এগৰাকী বায়েকো লেখক আছিল ৷ তেওঁ বাৰ বছৰমানৰ  পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰি ছদ্মনামত প্ৰকাশ কৰিছিল যদিও ২৬ বছৰ বয়সত "In The Artist's Studio" শীর্ষক নিজ নামৰ কবিতাৰ পৰাহে কবি হিচাপে বিশেষভাৱে জনাজাত হৈছিল ৷ ১৮৬২ ত  প্ৰকাশিত  "গ'বলিন মাৰ্কেট আৰু অন্যান্য কবিতা" তেওঁৰ এক বিশেষ কবিতা  সংকলন ৷)

পৃষ্ঠা ১৮
পুৰণি নতুন দুখ

মূল বাংলাঃ শক্তি চট্টোপাধ্যায় 
অনুবাদঃ বাসুদেব দাস 

যি দুখ পুৰণি, তাক ওচৰত আহি বহিবলৈ কওঁ আজি 
মই বহি আছোঁ, আছে ছাঁ, তাৰ ওচৰত যদি দুখ আহি বহে
ভাল লাগে, ভাবোঁ, নতুন দুখক কওঁ ,যোৱা
অলপ দিন ফুৰি আহাঁ আন কোনো সুখৰ বাগিচাত
নষ্ট কৰা কিছু ফুল, জ্বলাই দিয়া সেউজীয়া পাত, তচনচ কৰা
কিছুদিন ফুৰি দুখ ক্লান্ত হোৱা, আহিবা তাৰ পাছত
ওচৰত বহা।
এতিয়া পুৰণি এই দুখক বহিবলৈ ঠাঁই দিয়া 
বহুতো বাগিচা ফুৰি, মানুহৰ ঘৰ ফুৰি, উৰাই-পোৰাই
এয়া মোৰ ওচৰত বহিবলৈ বিচাৰে। কিছুদিন থাকক।
শান্তি পাক, সঙ্গ লাভ কৰক।আহিবা তাৰ পাছত।

অ' নতুন দুখ তুমি আহিবা তাৰ পাছত ।

পৃষ্ঠা ১৯

ডেফ'ডিল ফুলবোৰলৈ

মূল : Robert Herrick, "To Daffodils"
অনুবাদঃ শ্ৰী মাধৱ দাস
 ভিতৰ ককিলা কৈৱৰ্ত গাওঁ
যোৰহাট
ফোন : 6002075842

অ' ধুনীয়া ডেফ'ডিল ফুলবোৰ 
তোমাক দেখিলে আমি চকুলো টুকো
কাৰণ তুমি বৰ সোনকালে মৰহি যোৱা। 
এতিয়াও চোন পুৱাৰ সূৰ্যটো
দুপৰীয়া পোৱাগৈ নাই
তথাপি তুমি ইমান সোনকালে গুচি গ'লা।
অ' ডেফ'ডিল ফুলবোৰ 
অলপ থমকি ৰোৱা এতিয়াই নাযাবা
দ্ৰুতগতিত পাৰ হৈ যোৱা 
এই দিনটোৰ সন্ধিয়ালৈকে ৰোৱা।
সন্ধিয়া আমি একেলগে প্ৰাৰ্থনা কৰিম
আৰু তাৰ পাছত আমি একেলগে গুচি যাম।

আমাৰ জীৱনো তোমাৰ দৰেই ক্ষণস্থায়ী 
আমাৰ বসন্তকালো তোমাৰ দৰেই চুটি
আমি প্ৰতিদিনে মৃত্যুৰ দিশে আগবাঢ়ি আছোঁ
ঠিক তোমাৰ দৰেই।
আমাৰ মৃত্যু হয় 
ঠিক তোমাৰ দৰেই
যিদৰে তোমাৰ সময় পাৰ হৈ গ'লে
তুমি মৰহি যোৱা।
আমি গ্ৰীষ্মকালৰ বৰষুণজাকৰ দৰেই
অথবা ৰাতিপুৱাৰ নিয়ৰৰ দৰেই ক্ষণস্থায়ী
আমি এবাৰ গুচি গ'লে 
আকৌ উভতি আহিব নোৱাৰোঁ।

পৃষ্ঠা ২০
কবিতাঃ

নীলা খামৰ চিঠি

জিতেন নৰহ

মৰমৰঃ
মৰম ল'বা। 
বহুদিন বিৰতিৰ পিছত তোমালৈ চিঠি লিখিবলৈ লৈ হাতৰ কলম থমকি ৰৈছে।

হৃদয়ত নোকোৱা কথাৰ ভিৰ বেছি হ'লে শব্দবোৰে ঠেহ পাতে। 
হৃদয়ৰ শেল টানি লিখিবলৈ লোৱা এমা-ডিমা শব্দবোৰে
 আজি ব'ব নোৱাৰা হৈছে হৃদয়ৰে উত্তাপ। 
অথচ ৰাধাৰ প্ৰেমে কৃষ্ণৰ বাঁহীৰ সুৰক মাত্ৰা প্ৰদান কৰাৰ দৰে 
মই আছিলোঁ শব্দৰ চহকী খেতিয়ক।
এদিন লিখিছিলোঁ ,কি লিখিছিলোঁ...!
                               
ভাল পোৱা কলিজাৰ অ' আলফুলীয়া কবিতা! 
তোমাৰ বুকুত ওপজি ওমলা
এজাক ফিৰফিৰীয়া চেঁচা বতাহে 
নিয়ৰেৰে নোৱাই দিছে মোৰ সঁজাল সৰিয়হৰ লাহী সেউজীয়া দেহ।

সৰিয়হৰ সতেজ সৰোবৰত বেঙা মেলি মেলি
কিয় মেলি দিছা, কিয় মেলি দিছা
নিচা লগা মিঠা অইনিঃতমবোৰ ?
তোমাৰ কাষলৈ যে উৰি উৰি যায় মৌ মতলীয়া মোৰ মন প্ৰজাপতি ।

মন মদিৰ কৰা সৰিয়হ ফুলৰ 
হিৰণ্ময়ী পাহিবোৰে সাবটা
তোমাৰ গজদন্ত কলাফুলে 
সপোনতো মাতি থাকে অ' 
মোক সপোনতো মাতি থাকে।

ভাল পোৱা কলিজাৰ অ' আলফুলীয়া কবিতা! 
তোমাৰ ৰাধিকা ওঁঠত চুমা খাবলৈ 
মই উবুৰি খাই পৰোঁ।
মই যে তোমাৰ স্নেহাতুৰ প্ৰেমিক।

"চিঠিকে লিখিবা" বুলি তুমি দিয়া ঠিকনাটো
হেৰুৱাবৰ আজি কুৰি বছৰেই হ'ল।
এই কুৰি বছৰত কিমান‌বাৰ যে তুমি মোৰ সপোনত আহিছা আৰু সন্তৰ্পণে 
উঁয়ে খোৱাৰ দৰে কুৰুকি কুৰুকি কাটি দিছা মোৰ হৃদয়ৰ সীয়নি। জখমী দিলৰ নিঃসৃত 
তেজেৰে ঘঁহি মাজি যি দুই এটা শব্দ
তুলাপাতত লিখিছোঁ -
দৰদী পাঠকে নাম থৈছে- "কবিতা"। 
এয়াতো মোৰ কাব্য চৰ্চা নাছিল।
মোৰ ভাল পোৱা কলিজাৰ তুমিয়েইতো আছিলা আলফুলীয়া কবিতা!

আস!
মোৰ ভিতৰত ইমানবোৰ ভাল পোৱা শব্দ !
মই বহন কৰিব নোৱাৰো আবেগৰ বোকোচা।
মই‌তো নহ‌ওঁ শিলীভুত কোনো হৃদয়‌হীন পাষাণ।
মই ৰক্ত-মাংসৰ তেনেই সাধাৰণ মানুহ।
বাট এৰি দিছোঁ ,বান্ধ খুলি দিছোঁ-
শিলনি জাৰণি ফালি হৃদয় উজাৰি বৈ যাওক 
মোৰ ভাল পোৱা অশ্বমেধ শব্দৰ প্ৰেম মন্দাকিনী।
কিন্তু তুমি আজিও বহন কৰি আছা 
নিৰ্বাক নিস্পন্দ হৈ 
হেৰা হিয়াহীনা পাষাণী প্ৰিয়া !


তোমাৰ হৃদয় মন্দিৰত 
আজিও পূজা হয়নে মোৰ ?
দঃঞি পঃলক সাক্ষী কৰি তুমিযে কৈছিলা-
"এই জনমত নহ'লেও পৰজনমত,
পৰজনমত নহ'লেও সাত জনমত 
তোমাক যেন এদিন লগৰী কৰি পাওঁ... !"
 
হুমুনিয়াহ‌ৰ কুণ্ডলী সাজি বহি থাকোঁ মই
মোৰ মাজেৰে সৰকি গৈছে 
শেষ হ'ব নুখুজিও শেষ হোৱা 
দুকুৰি সাতটা শীতাৰ্ত শীত, 
সেউজীয়া নিচান জোকাৰি জোকাৰি অন্তিম ৰে'লখন গুচি যোৱাৰ দৰে।
হালধীয়া সৰাপাতৰ অতীত এটা বুকুত সাবটি
মোৰ বুকুতো গজিল সেউজীয়া দুবৰিৰ দলিচা।
কিন্তু আজিও ৰি ৰিয়াই বাজি থাকিল অপসৃয়মান উকি এটাৰ কৰুণ  অৱশেষ।
সেয়েহে আজিও মই অন্তৰ উজাৰি 
আশীৰ্বাদ কৰিব পাৰোঁ- 

কাহানিও লিখি উলিয়াব নোৱাৰা 
ভাল পোৱা কলিজাৰ অ' আলফুলীয়া কবিতা !
কুশলে থাকা অ' কুশলে থাকা।

তোমাক অনুবাদ কৰিব নোৱাৰাৰ দুখ
মই বহন কৰিম আমৃত্যু অকলে,
গৰ্ভত মুকুতা ধাৰণ কৰা নিৰ্বোধ শামুকটোৰ দৰে।

তোমাৰ সন্ধ্যা মালতী হাঁহিৰ সুগন্ধি
মই ভৰাই ৰাখোঁ স্মৃতিৰ থুনপাকত;
চোঁ মাৰি উৰুৱাই নিয়ে প্ৰেমিক চৰাই,
সাজি লয় প্ৰেমৰ নীড়।

তোমাৰ উষ্ম উশাহ‌বোৰ মই ভৰাই ৰাখোঁ
পকা অঙঠা ভৰোৱা হৃদয় কাংৰিত।
শীতাৰ্ত ৰাতি বিৱসনা বিস্মৃতিবোৰে
হাত সেকি সেকি বিচাৰি ফুৰে স্মৃতিৰ সঁফুৰা।

মই তৰাং নদীৰ শিহু এটাৰ দৰে
তোমাৰ পীনোন্নত বুকুত বিচাৰি ফুৰোঁ
যৌৱনৰ এখনি ভৰুণ নদী।

কাহানিও লিখি উলিয়াব নোৱাৰা 
ভাল পোৱা কলিজাৰ অ' আলফুলীয়া কবিতা !
কুশলে থাকা অ' কুশলে থাকা।

বহুদিনৰ পাছত সৌ সিদিনা 
তোমাক লগ পাইছিলোঁ গণেশ ঘাটত। 
এজোপা কৃষ্ণ‌চূড়া ৰঙাকৈ ফুলি আছিল। 
ফুলৰ পাহিবোৰ মহাবাহুৰ বুকুত সৰি পৰিছিল। 

তুমি হয়তো ভাবিছিলা, প্ৰেমিক কবি ৰৈ যাব
গছকি তোমাৰ হেলনীয়া ছাঁ।
এৰা ! ৰৈ যাব পৰা হ'লে !!

আস ! 
কি আচৰিত মিল তোমাৰ আৰু কৃষ্ণ‌চূড়া‌ৰ।
কিঞ্চিত কটাক্ষ লাভৰ আত্মতুষ্টিত 
তোমাৰ চৰণ পখালিছে মহানদে ,
আৰু তুমি হাঁহি‌বোৰ টোপাটোপে নিগৰাই দিছা
তাৰ বিশাল বক্ষত।

মই ভাই প্ৰেমিক পৰ্যটক !
আকাশ আন্দোলিত কৰা তোমাৰ ৰক্তাভ হাঁহি‌টি চাই ধন্য হ'লো ।
বুকুত সাবটি উভতি আহিলোঁ এমুঠি গান্ধ বিৰিণাৰ সুগন্ধি।

সেই দিনা মোৰ বিবৰ্ণ বাহনত তুমি আৰোহণ কৰিছিলা। 
তুমি হয়তো ভয় কৰিছিলা 
পূৰ্ণ যৌৱনৰ উন্মাদনা‌ত দুৰন্ত ঘোঁৰা চোৱাৰীৰ দৰে
উৰন্ত বেগত গুচি যাম ,
কোনোবা ৰাজকুমাৰী‌ক কাষত বহুৱাই 
চেঁকুৰ মেলা কোনো ৰাজকুমাৰৰ দৰে ।
সেয়েহে মোৰ কান্ধত হাত থবলৈ 
তুমি অসহজ অনুমতি লৈছিলা। 
ওঁহো ,ভয় নকৰিবা ! 
মই ভালকৈয়ে জানো 
তুমি সেই টিকটিকীয়া ৰঙা আপেলটো নোহোৱা।
আৰু ময়ো নহ‌ওঁ সেই আপেল ৰখীয়া।

ভালপোৱা কলিজাৰ অ' আলফুলীয়া কবিতা !
এদিন মোৰ বাবে তুমি আছিলা
টিকটিকীয়া ৰঙা আধা খোৱা আপেল এটা ।
সৰ্প ভয় পাহৰি পৰ দিয়া
ময়েই আছিলো নিৰ্ভীক আপেল ৰখীয়া।
হেবাং যদিও প্ৰেমিক অন্তৰেৰে ধুনীয়া ।

সময়ৰ কি দুৰ্নিবাৰ গতি !
আজি মোৰ কান্ধত হাত থবলৈয়ো
বিচাৰিছা অসহজ অনুমতি ।

এই দেহাৰনো কি মোল ?
বজাৰতো উভৈনদী গোন্ধে আমোলমোল !
নালাগে অ' আত্মাৰ স্পৰ্শ বিহীন এনে দেহ,
প্ৰেমহীন ভদ্ৰতাৰ বিলাসী বেশ।

ভালপোৱা কলিজাৰ অ' আলফুলীয়া কবিতা !
এদিন মোৰ বাবে তুমি আছিলা
টিকটিকীয়া ৰঙা আধা খোৱা আপেল এটা !

এই পৰ্যন্ত মোৰ জীৱনত চলিল কতযে যুদ্ধ। 
গুলীয়াগুলী, লুটপাট, বোমা বৰ্ষণ,
ধৰ্ষণ আৰু অপহৰণ। 
তথাপি-
    
হৃদয়ৰ সমস্ত ভালপোৱা লুৰুকি নিয়াৰ পাছতো
ভাল পোৱা কলিজাৰ অ' আলফুলীয়া কবিতা!
তোমাৰ বাবেই, তোমাৰ বাবেই ফুলি উঠে 
মোৰ শুকান বুকুত ভালপোৱাৰ অজস্ৰ অনাঘ্ৰাত বনফুল;
পৰমাণু বিধ্বস্ত হিৰোচিমাত ফুলি উঠা 
চেৰী ফুলৰ দৰে....

ইতি
তোমাৰ-
হেবাং কবি

পৃষ্ঠা ২১
সিয়ামুৰি ধৰা সপোন এটা

ৰণ্‌জিত‌‌ গগৈ

হেঁপাহৰ বালিচন্দা এমুঠি
জিৰিক কৈ সিঁচি দিলো

বতাহৰ ভাঁজত যেন
সিৰ সিৰকৈ  কঁপি
উঠিল বুকুখন

বহুদিনে থুপাই থোৱা  হেঁপাহ এটাই
নিজানে নিজানে সুহুৰি এটা হৈ
ওঁঠে ওঁঠে বগাই গ'ল 

চিনাকী বাটৰ ধূলি উৰুৱাই

তাইৰ চকুত চকু থৈ যিদৰে
প্ৰথম কঁপি উঠিছিলো 
প্ৰেমৰ বাবে

তেনেদৰে কোনোদিন আৰু ক'তো কঁপা নাই 

দেহা ডেই যোৱা
ৰ'দ এজাকেৰে কতবাৰ অহা-যোৱা কৰিলো
ক'ত ! জীৱনটো সজাব নোৱাৰিলো দেখোন
গছ-লতা একোকে সেউজীয়া কৰি ৷

সিয়ামুৰি ধৰা সপোন এটাই
ঢেকঢেকাই যেন হাঁহি মাৰি পাৰ হৈ যাব
মোৰ গাঁৱৰ বাটৰ পদূলি মুখে মুখে

আৰু মই
নিজানে-নিৰলে নিথৰ হৈ থাকিম
পুৰণি বাঁহৰ জেওৰাখনৰ দৰে ৷

পৃষ্ঠা ২২
পহৰাদাৰ

কিশোৰ মনজিৎ বৰা

গছ বেয়া পোৱা মানুহবোৰক
গছবিহীন এখন পৃথিৱীলৈ
নিক্ষেপ কৰা

মগজ নাইকিয়া মানুহবোৰে
কেনেকৈ এটা মূৰ লৈ
দপদপাই ঘূৰি ফুৰে

জাকৰ চৰাই আৰু
পালৰ হাতীৰ বাটত জুই দিয়া মানুহবোৰ
এতিয়া 
সভ্যতাৰ প্ৰহৰী

স্তনৰ সূৰ্যক পদাঘাত কৰা
এই কাফেৰ প্ৰান্তৰত
অৰণ্য কোনোকালে নিৰাপদ নহয়।

পৃষ্ঠা ২৩
বেলিমুখীয়া পথাৰখন

গীতাঞ্জলি দেৱী

বেলিমুখীয়া পথাৰখনলৈ  গুণ-গুণনি তুলি এজাক চৰাই উৰি আহিছিল 

 সিহঁতৰ  সেই  স্তুতিত  সাৰ পাই উঠা কাষৰীয়া বতাহজাকে কি জানো ভাবি  
বোলাই দিছিল লিহিৰী আঙুলি 

আকাশ ধিয়াই বৈ যায় এজাক সেউজীয়া ঢৌ 

এমুঠন  বুকুখনলৈ  জাগল অহাদি আহে  জোৱাৰৰ ঢল  

এনেকৈয়ে চাগে সপোনে ডেউকা মেলে 

ৰৈ যা অ' সময় 

পথাৰখন বেলি হৈ থাকক 
পথাৰখন সাগৰ হৈ থাকক 
মোৰ পৰা তোলৈ প্ৰেমৰ সাঁকো হৈ থাকক 

মূৰ তুলি  যেতিয়াই দেখিম  এখন সোণালী আকাশ 
যি নামি আহে মেখেলাৰ পাতলি নিতিতা  পানীযুঁৱলিলৈ 

ডঁহেচীয়া ৰ'দজাক পিঠিত  পেলাই
মই  গৈ থাকিম বেলিমুখীয়া পথাৰখনলৈ ।

পৃষ্ঠা ২৪
নৈ, জোন আৰু চৰাই

মীনাক্ষি ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী

ইয়াত নদী ব‌ই যায়
মাটি আৰু শিলৰ ওপৰত
ছন্দময় গতি তাৰ
বাধা-বিঘিনি একোকে নামানি
নিমগ্ন থাকে সাগৰ সন্ধানত ।

আকাশৰ চন্দ্ৰিমাই অমল জোনাকেৰে
জগতক কৰে ৰূপালী বিধৌত
অকৃপণ হ‌ই পোহৰ বিলায়
বৃক্ষ লতা তৃণ ঘৰ-বাৰী সকলোতে
সচকিত বিস্ময় আৰু হৰষত ।

নীড়মুখী চৰাইৰ বলাকাবোৰে
নিশ্চিত আশ্ৰয় শান্তিৰ আৱেশত
দিনান্তৰ অন্তিম ক্ষণত
পাক ঘূৰি ঘূৰি উৰি ফুৰে
প্ৰাপ্তিৰ অন্য এক আকাশত ।

পৃষ্ঠা ২৫
সত্যৰ অপলাপ কৰা নাই

ৰিণ্টু টায়ে
চৰাইদেউ

 অসমৰ  কিছু আমোলা পৰাধীন ভাৰতৰ 
ঔপনিৱেশিক ৰোগত আজিও ৰোগগ্ৰস্থ।

আধুনিক কিম্বা উত্তৰ আধুনিক চিকিৎসাৰে
নিৰাময় কৰিব পৰা নাই এই ৰোগৰ প্ৰাদুৰ্ভাৱ!

ইমান অসুস্থ আমোলা! 
সৰ্বস্বান্ত শ্ৰমিকৰ ঘামৰ টোপালত সৰি পৰা নিমখ চেলেকিও লোভৰ লেলাউটি শেষ নাই ।

কি যে নিৰ্লজ্জ ৰোগীয়া এই সকল বিষয়া ! তেওঁলোকৰ পোছাকৰ আঁৰত
লুকাই থকা দৈত্যটোক নিজে আৰ্চিখনত কোনো দিনে দেখা নাই ।

কি যে আচৰিত ! মন্ত্ৰমুগ্ধ সৰ্পৰ দৰে
শোষিত  জনতা আমোলাৰ নিৰ্দেশত 
কৰে উলংগ নৃত্য। উদ্দেশ্য সিদ্ধিৰ স্বাৰ্থত ।

জনতাৰ মঙ্গল ক'ত ? 

পূজাৰ  বেদীত দেৱীয়ে নিজে বিচাৰে নে
নিৰ্দিষ্ট নিৰিখত আশীৰ্বাদৰ বিনিময়ত বলিদান ?

নীলা পদুমৰ তাগিদাত কাঢ়ি লয় নে ভক্তৰ নেত্ৰ ?

এই দেশৰ মাটিত কেনেকৈ গজি উঠিল 
নীতি বিৰোধ বিষময় বৃক্ষ ? বিস্তৃত শিপাবোৰে শোষণ 
কৰিছে তোমাৰ আৰু মোৰ ৰক্ত। ডাল-পাতবোৰে
বিনষ্ট কৰিছে নিৰ্মল বতাহ ! উঘালি পেলাব কোনে ?
দুৰ্ভগীয়া অসমী আই 
লাচিতৰ দৰে এতিয়া তোমাৰ সন্তান পাবলৈ নাই!             

পৃষ্ঠা ২৬
ইচ্ছাপত্ৰ

মামণি ডেকা

তুমি উৰুৱাই দিছিলা
তোমাৰ  ইচ্ছাপত্ৰ

মই ৰঙীন পটভূমিত বহুৱাইছিলো
এটি শুই থকা শিশু
নিমজ্জিত কোলাত

কলিজাত জীয়া জীৱন গাথাৰে
আঁচল পাতি বহুৱাই 
হেৰুৱাই পেলাছিলো মোৰ অতীত ঠিকনা

তাৰ পাছত 
সাগৰৰ কাষ চাপিলো
আশ্ৰয়ৰ বাবে

সেমেকা হাতৰ মুঠিত ধৰি
তোমাৰ হৃদয়ক তুলি ধৰি
আওৰালো বচন

এতিয়া হয়তো কবিতাত
 বৈ যাব
সংঘাটৰ উত্তাল নদী

উখল-মাখল 
পাৰ ভঙা নদীত বহি
উত্তাল নহ'বা
নাঙঠ নহ'বা

পোছাক নুখুলিবা
মই থিৰেৰে ৰৈ নাথাকিম
মহানদী মই...।

পৃষ্ঠা ২৭
শৰতৰ প্ৰেমিকা তুমি শুভ্ৰ শেৱালী

মনচুমী কলিতা নাথ 
মালৌআলি, যোৰহাট

অ' শাৰদী কুসুম সুকোমল শেৱালি 
তুমি শৰতৰ প্ৰেমিকা,
শৰতৰ সুনিৰ্মল জোনাকী ৰাতি 
আলফুলে ফুলি থকা শুভ্ৰ বসনা । 
নিৰৱ নিঃসাৰ শীত কুঁৱলিৰ নিশাটি 
তুমি আহি সৰৱ কৰিলা,
 মলয়াৰ বোকোচাত উঠি শান্তিৰ অমিয়া ঢালি 
সুৰভি নিজৰা বোৱালা ।
সুন্দৰ যে ফুলাৰ মন্ত্ৰ উচ্চাৰি অহোৰাত্ৰি
পুৱাতেই সুগন্ধি সানি শুৱনি ধৰাৰ বুকুত 
তুমি আহি বিলোৱা প্ৰশান্তি ।
অ' শেৱালি শাৰদী কুঁৱৰী শৰতৰ ফুল 
দশোদিশ কৰি আমোলমোল
হৃদয়ে হৃদয়ে তোলা শান্তিময়ী অমিয়া কল্লোল্ ।

পৃষ্ঠা ২৮
হঠাৎ এদিন

নীলাঞ্জনা গগৈ
যোৰহাট

হঠাতে এদিন তুমি আহিছিলা মোৰ কাষলৈ
দুখবোৰে ফুল হৈ পাহি মেলিছিল
দুখৰ চকুলো মছি
জীৱন জীয়াবলৈ শিকাইছিলা তুমি
বুকুৰ পৰা হাঁহিব পৰাকৈ বীজ সিঁচিছিলা

এতিয়া
হৃদয়ৰ প্ৰতিটো স্পন্দনত তুমি
নাজানো কিমান ভাল পালে
হৃদয়খন কাৰোবাক সপি দিব পাৰি
নাজানো কিমান ভাল পালে
মৌনতাৰ কোলাহলে হৃদয়ত ঝঙ্কাৰ তোলে

প্ৰতিদান মোক একো নেলাগে
তুমি, তুমি হৈয়ে থাকা তোমাৰ সুখৰ পৃথিৱীত
আৰু মই থাকিম মোৰ পৃথিৱীত
তোমাৰ বাবে, 
গধুলিৰ এপাহ খৰিকাজাই হৈ...।

পৃষ্ঠা ২৯
মই শাওনীয়ে কৈছোঁ 

অসমা টুংখুঙীয়া
নামতি।

উন্মুক্ত পথাৰখনত
হাউলি হাউলি 
এডৰা সেউজীয়া 
আমন্ত্ৰণ কৰোঁ মই ।
জেতুকা পাতৰ দৰে 
সেউজৰ মাজত 
নিহিত থাকে 
এটি সোণসেৰীয়া সপোন ।
এআকাশ আশা
সপোনে গজালি মেলি 
সিঁচি দিব এপথাৰ 
গৰ্ভৱতী হেঁপাহৰ নীলৰঙী আবেশ ।
দুনয়নৰ পৰিতৃপ্তিত
হেঁপাহৰ জৰায়ু পূৰ্ণ হ'ব ।
জীৱনৰ চালিকা শক্তিত
ৰামধেনুৰ ৰঙেৰে 
পৰিস্ফুট হ'ব 
আশাৰ পানছৈ ।
মোৰ বুকুৰ বৰঘৰত
খোপনি পোতা 
সেউজীয়া উশাহৰ 
তপত অনুভৱ খিনি 
অনুধাৱন কৰানে !!
ৰ'দে স্পৰ্শ কৰি
দুগালত জিলিকাই তোলে
ভৰা পেটৰ পৰিতৃপ্তিৰ
দুটা জীৱন্ত চুমা !!
মই শাওনী আজীৱন
পংক প্ৰেমী ।

পৃষ্ঠা ৩০
ফাগুন

পৰিস্মীতা পৰাশৰ

শুকান ফাগুনে
আঁকি যায় ৰঙা পলাশৰ ৰং
সানি যায় দেহত জেতুকাৰ কোমল গোন্ধ

শূণ্যময় দিগন্তৰ তলেৰে স্বপ্ন ভংগ মনে আকৌ গঢ়ে সপোন

অ' ফাগুন
উৰণীয়া অথিৰবি চিলাৰ দৰে উৰিব ধৰা মন
পথভ্ৰষ্ট স্বপ্নৰ ডেউকাত সানি যায় কাঞ্চন ৰং

অ' ফাগুন
তোৰ শুকান বতাহত সানি যা
ন-যৌৱন সনা এচাতি চঞ্চল বতাহ
আঁকি যা মোৰ ওঁঠত সোণাৰুৰ হালধীয়া হাঁহি

ফাগুনৰ ফাকু সানি
আকৌ হৈ পৰো মই বহাগৰ বহাগী।

পৃষ্ঠা ৩১
ভালপোৱাৰ শেষ স্বীকাৰুক্তি

গোপাল কৃষ্ণ বাঢ়ৈ
যোৰহাট

তোমাক এদিন পাহৰি পেলাম৷
হয়তোবা তুমিও মোক এদিন পাহৰি পেলাবা
ধেৎ,
তুমি জানো মোক মনত ৰাখিছা ?
কি আছেনো মোৰ তুমি মনত ৰাখিব লগীয়াকৈ ?
তুমি মোক অপ্ৰয়োজনীয় বুলি ভাবিয়েই হয়তো মোৰ বাবে 
গঢ়িছিলা এখন অৱহেলাৰ আকাশ৷
দিছিলা সীমাহীন দুখ ৷
আচলতে তোমাক বাৰে বাৰে আমনি দি থকাটো মোৰ
ভুল আছিল৷
প্লিজ মাফ কৰি দিবা...
তোমাৰ ভালপোৱা ঘূৰাই পোৱাৰ আশাত বাৰে বাৰে আমনি কৰিছিলোঁ…
আচলতে মোৰ স্বভাৱটোৱেই তেনেকুৱা আছিল
ভালপোৱাহীনতাত পাগলামি কৰো কেতিয়াবা৷
অথচ নাজানো কাৰোবাৰ ভালপোৱাবোৰ ধৰি ৰখাৰ টিপছ্ ৷
 নকৰো নকৰো বুলিও বাৰে বাৰে ফোন কৰিছিলো তোমাক৷
হিচাপ বিহীন ভাৱে মেছেজ দিছিলোঁ
কি কৰিম কোৱানা
বুজাব নোৱৰা হৈ গৈছিলো নিজকে।
তুমি হয়তো হৃদয়হীনা হৈ গৈছিলা,
যান্ত্ৰীক হৈ গৈছিলা৷
অথবা মোৰহে তোমাৰ হৈ থাকিব পৰাকৈ যোগ্যতা নাছিল
কাষলৈ আহি একো নোকোৱাকৈয়ে আঁতৰি গ’লা৷
তুমি ভাল নোপোৱা হ’লা মোৰ কবিতাবোৰ৷
তাৰ পিছতে আৰম্ভ হ’ল মোৰ পাগলামী৷
কবিতাবোৰ হৈ পৰিল প্ৰেমৰ প্ৰলাপ৷
অঃ এতিয়া চাগে আকৌ প্ৰলাপ যেন লাগিছে কথাবোৰ,
কাৰণ তোমাৰ সকলো অৱহেলা অতিক্ৰম কৰি এতিয়াও তোমাক ভাল পাই থকা মই যে তোমাৰ আজন্ম প্ৰেমিক।

পৃষ্ঠা ৩২
নৈ পৰীয়া  কৃষক

দীপালী গোস্বামী  
দেৰগাঁও, গোলাঘাট

পেলাইছে খেতিয়কে স্বস্তিৰ নিশ্বাস
বসুমতি আজি যে অন্তঃসত্তা। 
 
কঢ়াই-সমাই তিনি মাহৰ অন্তত
দিলে আৱৰণ বসুমতিৰ দেহত। 
 
গৰ্ভধাৰণ আইক স-যতনে ৰাখা
 হে মহান খেতিয়ক ভাই। 

পোক-পতঙ্গ, গৰু-ম'হ 
সকলো  নিলগত  ৰাখা। 

আয়ে বোলে মোৰ লাগিছে ভয়
পূৰ্ণ যৌৱনা যে বতৰ। 

কোন মূহুৰ্ত  বৰ্ষা আহে সোঁতে নচুৱায়
কক্ বকাব লাগিব মই। 

 বিজুলি মাৰিলে মেঘে গাজিলে
কলহে ঢালিলে পানী। 

কাণ তাল মাৰিলে বুকু কঁপিলে
গত্যন্ত নাই যে আজি। 

হে, বসুমতি তোমাৰ অংকুৰণতি
নোঁৱাৰো ৰাখিব আমি। 

তিনি মাহৰ কষ্ট অথলে গ'ল
বানে নিলে যে কাঢ়ি। 

উকা পথাৰ দেখি কৃষক বন্ধুৱে
মূৰে কপালে দিলে হাত। 

গাৰ বল গ'ল মনোবল গ'ল
হতাশাই  চেপিছে টেটুত। 

লখিমীলৈ এমুঠি দিব নোৱাৰিলো
বোপাইহঁত মই যে দুৰ্ভগীয়া । 

বানে ধোৱাঁ পথাৰত বলুকাৰ মেলা
মই আজি অতি নিৰুপায়। 

পথাৰ উদং মন উদং 
উদং ভোগালীৰ ৰং । 

বোপাইহঁতৰ দুখত হিয়া মোৰ থান-বান
হতাশা নানিবা ভাগ্যৰ চকৰি ঘূৰে সদায়।

পৃষ্ঠা ৩৩
ভালপোৱাৰ বৰষু‌ণজাক

পাৰুল ডেকা
গুৱাহাটী
                                              
মৰুউপত্যকাৰ চহৰখনিলৈ ভালপোৱাৰ বৰষুণ জাক নামি আহিছে,
ম‌ই আপোনাকেই কৈছো, 
ভালপোৱাৰ বৰষুণজাকৰ প্ৰেমত নপৰিব আপুনি,
দূৰৰ পৰাই চাও‍ক বৰষুণৰ আমেজ, আদৰ, সুমধুৰ
কেতিয়াও তিতিৱ নাযাৱ, প্ৰেমত পৰিব আপুনিও
উদ্ভাসিত হ'ৱ পাৰে মন, ঠিক মোৰ দৰেই
তথাপি প্ৰেমাস্পদৰ আৱেগৰ বশৱৰ্তী নহ'ব |
অনুগ্ৰহ কৰি কৈছো কেতিয়াও প্ৰেমত নপৰিব,
হেৰোৱা ছন্দ কেতিয়াও ঘূৰাই নাপাব, ঠিক মোৰ দৰেই
জীৱনৰ ৰংবোৰ জোলোঙাৰ পৰা বিলুপ্ত  হ'ব,
কোনোবাই আপোনাক ৰঙৰ গুৰিবোৰ  সানি দিৱ গালে মুখে,
কৃত্ৰিমতাৰ বন্যতাত সেইবোৰ কেতিয়াও আকোঁৱালি নল'ব,
কলিজা গোট মাৰি গ্ৰেফাইট হ'ব লাগিব,  
বৰ কষ্ট হ'ব বুজিছো, 
তথাপি প্ৰেমত নপৰিব |
নহ'লে হৃদয়ৰ জোৱাৰত আপুনিও হেৰাই যাব কৰবাত,
পাহৰি যাব জোনাক, ঋতু, দিন ৰাতি আৰু 
বহুতো,
পাহৰি যাব আপুনিও ভাগৰ জুৰোৱা গান আৰু সকলো,
হৃদয়ৰ কম্পন, অনুভৱী মন, আত্মাৰ বিশ্লেষণ
দৈন্যতাৰ কোলাহলৰ আগত দৌৰিব লাগিব আপোনাৰ সপোন,
হিম চেঁচা বতাহজাক, কিনকিনিয়া বৰষুণৰ মাজত 
পাগলাদিয়াৰ ঢল, বাঢ়ি অহা বাঢ়নি পানীত
বঠা মাৰিব লাগিব আপুনি, অকলে,
ঠিক মোৰ দৰেই |
আমেজ ল‌ওক তেতিয়া বৰষুণ জাকৰ, 
সুদীৰ্ঘ কাল, জীৱন ব্যাপি থকা ,
ভালপোৱাৰ বৰষুণজাকৰ,
ইতিমধ্যে পাৰৰ সিটো পাৰে ফুলি উঠিছে
টিকটিকিয়া ৰঙা কৃষ্ণচূড়া জোপা,
আৰু নিশাৰ ৰজনীগন্ধা ।।

পৃষ্ঠা ৩৪
নৈখন শুকাই গ'ল

কৰবী ভুঞা 
মুৰফুলনী বাগান গাঁও 
গোলাঘাট
৭৮৯৬৪৭৮৮১৫

এখন নৈ  বৈ আছিল সংগোপনে 
বুকুৰ সীমনা চুমি।
বাৰিষাৰ  বৰষুণত নৈ খন জিলিকি ৰয়, 
জলকেলি কৰে মাছবোৰে। 
নৈ খনে কথা পাতে নীৰৱে, 
হঠাৎ নৈখন শুকাই গ'ল। 
মাছবোৰো হেৰাল অজানিতে!
জোনাক নিশা তৰাবোৰে 
অৱগাহনৰ নতুন ঠিকনা বিচাৰিছে। 
শিতানৰ শেতেলীত 
পৰি ৰ'ল সুৰীয়া বাঁহীৰ সুৰ! 
খৰাং নৈখনত মুখ গুজি দিলো, 
মোৰ উৰুকাৰ পঁজাত
এজাক সপোনৰ নিচুকনি গীতৰ বেসুৰা  তান।

পৃষ্ঠা ৩৫
মই নন্দীতাই কৈছোঁ 

চিন্ময় ডেকা, টংলা
দূৰভাষ:-৬০০২৬৬৬৫৯৩

মোৰ জীৱনলৈ আহিছিল
অযুত মৰম ভালপোৱাৰ
ছলণাময়ী এজন ব্যক্তি।
প্ৰেমৰ মানৱতাক দিনক দিনে
প্ৰতাৰণাৰ দিশলৈ অগ্রসৰ কৰা,
দস্যু, দানৱ ৰূপী পাষণ্ড ৰিন্টু শৰ্মা।
কি মোৰ, ভুল ? কি মোৰ কপাল ?
জানোছা পূৰ্বজন্মৰ এয়াই মোৰ পাপৰ ফল
শত্ৰু, মিত্ৰ সকলোকে মই চিনিব পাৰিলোঁ;
এই দুদিনীয়া জীৱনৰ স্বাৰ্থপৰ কেন্দ্ৰীক পৃথিৱীত।
সেই বাবেই মই, নিজক আঁতৰাই আনিছিলো;
শুদ্ধ পথৰ সন্ধানত, নতুনত্বৰ দিশে অগ্ৰসৰত।
হয়তো, আকস্মিকভাৱে আহিব বুলি ভবা নাছিলোঁ কাহানিও
শোকাৱহ ঘটনা মৃত্যু দূত' হৈ;
মোৰ বাবে কিমান জনৰ প্ৰাণৰ আঘাত হ'ল,
সহোদৰ বান্ধৱী কাচমিৰা দত্ত  চিৰ দিনৰ বাবেই ঘূণীয়া হ'ল।
হয়তো ভবাই নাছিলোঁ, এনেদৰেই
জীয়াই-জীয়াই দা'ৰ ঘাপত মানুহ শ্ৰেষ্ঠ জীৱৰ প্ৰাণ যায় বুলি,
এই কংক্ৰীট সাগৰত, আজীৱন মনত থাকি যাব;
মোৰ জীৱনৰ শোকাৱহ অপমৃত্যুৰ অলিখিত কাহিনী।
কোনো পধ্যেই যাতে;
দোষী সাৰি যাব নোৱাৰে, অচিন দেশত কৰিছোঁ মই প্ৰণতি।

পৃষ্ঠা ৩৬
আত্মদৰ্শন

নিৰ্মালী মহন্ত
যোৰহাট।

অলপমান অব্যাহতি
অংকৰ পৰা
দৈনন্দিনৰ পৰা ।
তৰা নগনো
জোনবাইকো নুবুজোঁ ।
খমখমাই 
উকমুকনি দিয়া
দস্তাবেজৰ পৃষ্ঠাবোৰ মেলিম
নিঃশব্দ আৰু নিমগ্নতাৰ বুকুত ।
শব্দবোৰক বুজিম,
চকুৰ ভাষাক এৰি
আত্মাৰ ভাষাক
স্পষ্টীকৰণৰ তাগিদাত
মাত্র এটোপাল চকুলো
এনেকৈয়ে
আবৰণখন খোল খাই পৰিব
ছায়াটোৰ নামত থাকিব
মায়াময় সময়।

পৃষ্ঠা ৩৭
অনুভৱঃ

বন্দীত্বৰ আন এটি নাম ক'ৰনা

জীৱন বৰ অনুপম। জীৱনে কেতিয়া কোনফালে মেলানি মাগে সেইয়া আমি কোৱাতো কঠিন। সময় জীৱনৰ বন্ধু। সময়ে বাট বোলাই জীৱনৰ বাটতত।
 ২০২০চন আহিছিল পৃথিৱীলৈ ,ভৱা নাছিল কোনেও এই ২০২০চনে যে লৈ আহিব কাল অমানিশা। ২০২০নতুনত্বৰ এটি চিনাকী নাম ক'ৰনা, চেনিটাইজাৰ মাক্স আদিয়ে ঠাই ল'লে জীৱনত। সামাজিক দূৰত্ব আৰু তলাবন্ধ ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰিল মানৱৰ জীৱনৰ লগত । তাৰ উপৰিও  প্ৰাকৃতিক দুৰ্যোগ আদিয়ে ঠাই ল'লে । নভবাকৈয়ে বহুতৰ জীৱন শেষ হ'ল। শেষ হৈ গ'ল বহু ‌সপোন‌ আৰু আশা ।কাঢ়ি লৈ গ'ল কাল ক'ৰনাই স্কুলীয়া জীৱনৰ সুখবোৰ। তাৰ ঠাই ল'লে অনলাইন পাঠদান।অনলাইনৰ জৰিয়তে আগবাঢ়ি গৈছে বহু শিক্ষাৰ্থী বহু দূৰ। আনফালে আৰ্থিক সমস্যাই জুৰুলা কৰিছে একাংশক।
   কি সময়, এই সময় যেন দূ:সময়। ক'ৰনাৰ আতংক মৃত্যুৰ কিৰীলি আপোন মানুহক হেৰুৱাৰ বেদনা আনফালে আপোনজনক‌ মানুহক অকমাণ চোৱাৰ দূৰ্বাহ  হেঁপাহ  মনতেই মৰহিছে।
   ২০২০চন এনেদৰেই গ'ল যদিও ২০২১ চনে লৈ অহা আধৰুৱা সপোনবোৰ বাস্তৱ 
হোৱাৰ আশা কৰিবলৈ আমি অপাৰগ যদিও কাল ক'ৰনাৰ বাবে আমি আকৌ থমকি ৰওঁ।

    আমি সমস্যাবোৰ সমাধান কৰিব লাগিব। প্ৰতিটো সমস্যাৰ লগত যুঁজিব লাগিব। মনত প্ৰশ্ন জাগে আমি বাৰু সচাই সমস্যাবোৰ সমাধান‌ কৰিছোঁ নে ? নে সহবাস কৰিছোঁ সমস্যাৰ লগত।

    জীৱনে বহু নতুনৰ লগত চিনাকি কৰাই দিলে । মানৱ‌ জীৱনত কিছুমান অংগ অপৰিহাৰ্য হৈ পৰিল ,ক'ৰবালৈ গ'লে মাক্সখন পিন্ধা, চেনিটাইজাৰটো হাতত লৈ যোৱা, সামাজিক দূৰত্ব বজাই ৰখা আদি। আমি এইবিলাক কাম কৰিবলৈ টান পালে বা সমস্যা বুলি ভাবিলে‌ নহ'ব। আমি ব্যৱহাৰ কৰা উচিত। কাৰণ তেতিয়া হে আমি এই ক'ৰনা যুঁজত জয়ী হ'ব‌ পাৰিম। আমাৰ জীৱনৰ শংকাবোৰ আঁতৰ কৰিবলৈ হ'লে সমস্যাবোৰ দূৰলৈ ঠেলা উচিত।।
       জীৱন জীন্দাবাদ ।।
         
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়।

পৃষ্ঠা ৩৮
শিশু বিশেষঃ

যোগ পৰিচয়ঃ ৩

শাৰীৰিক সুস্থতাৰ বাবে যোগাসন 

চিন্ময়ী দাস
কামৰূপ, অসম

যোগৰ দ্বাৰা মানৱ শৰীৰৰ সুপ্ত অৱস্থাত থকা আভ্যন্তৰীণ ক্ষমতা সমূহক বিকাশ ঘটাব পাৰি। যোগৰ দ্বাৰা আত্মউপলব্ধি হয়। যোগ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা এক ভাৰতীয় পৰম্পৰাগত ৰীতি। যোগ শব্দটো সংস্কৃত  'যুজ' শব্দৰ পৰা উৎপত্তি হৈছে। যোগে মানুহৰ মন পবিত্ৰ কৰে, ঈশ্বৰৰ সৈতে আত্মাৰ সম্পৰ্ক স্থাপন কৰে, মস্তিষ্ক সন্তুলিত কৰি তোলে। যোগ কৰিলে মানৱ শৰীৰৰ বিভিন্ন প্ৰকাৰৰ উৎকৰ্ষ সাধন হয়, মনোবল বৃদ্ধি হয়, হতাশগ্ৰস্থ হ'লে যোগে নিৰাময় কৰি তোলে। পৌৰাণিক কালত ঋষি মুনি সকলে যোগ কৰি দীৰ্ঘ জীৱন লাভ কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছিল। যি সকল মনুষ্যই সম্পূৰ্ণভাৱে, আত্মবিশ্বাসেৰে, একাগ্ৰতাৰে যোগ অনুশীলন কৰি উচ্চস্তৰৰ দৰ্শন অনুভৱ কৰিব পাৰে সেই সকোলোকে যোগী বোলা হয়।
২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ ৬৯তম অধিবেশন অনুষ্ঠিত হৈছিল। এই অধিবেশনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবৰ বাবে সমগ্র বিশ্বকে আহ্বান জনাইছিল আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে সেই বছৰৰে ১১ ডিচেম্বৰত ১৯৩ জন সদস্যৰে সৈতে এই আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু বিশ্বৰ ১৭৭ খন দেশৰ পূৰ্ণ সহযোগিতাৰে ২১ জুন তাৰিখে আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল।
 যোগে মানুহৰ মন সংযত কৰি ৰাখে, স্বাস্থ্য অটুত ৰাখে। বৰ্তমান সমগ্ৰ বিশ্বতে যোগক আকোঁৱালি লৈছে।
যোগক আমি নিজৰ দৈনন্দিন জীৱনত আকোঁৱালি লোৱা উচিত ।‌ 

অৱশ্যে বেমাৰ-আজাৰ হ'লে, মাহেকীয়া হোৱাৰ সময়ত কঠিন যোগাসন কৰিব নালাগে, টান ৰোগ হলে সম্পূৰ্ণৰূপে আৰোগ্য লাভ নকৰালৈকে যোগাসন কৰাৰ পৰা কিছু আঁতৰত থাকিব লাগে। শীৰ্ষাসন, সৰ্বাংগসন, শশাংগাসন, হলাসন, পদহস্তাসন, পশ্চিমোত্তানাসন আৰু কিছু মুদ্ৰা  হাৰ্টৰ ৰোগী, হাই ব্লাড প্ৰেচাৰত ভুগি থকা মানুহে কৰাৰ পৰা আঁতৰি থাকিব লাগে। 

বহুল প্ৰচলিত কেইটামান যোগাসন আৰু ইয়াৰ উপকাৰিতা :-

১/ চক্ৰাসন -  চক্ৰাসনে সাধাৰণতে কঁকালৰ বিষ নিৰাময় কৰে, শৰীৰৰ ৰক্ত সঞ্চালন আৰু ৰক্তৰ পৰিমাণ বৃদ্ধি কৰে। স্মৃতি শক্তি বঢ়োৱাত সহায় কৰে। হাঁপানি , মূৰৰ বিষ, কোষ্ঠকাঠিন্য আদি ৰোগৰ উপশম ঘটায়।

২/ শীৰ্ষাসন - শীৰ্ষাসন কৰিলে স্বপ্নদোষ, ধাতু ৰোগ, নপুংসকতা আদিৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। শীৰ্ষাসনে লেলাৱতি গ্ৰন্থিৰ নিঃসৰণ ক্ষমতা বৃদ্ধি কৰাই ফলত খাদ্যবস্তু সহজতে হজম হোৱাত সহায় হয়। শীৰ্ষাসন বকৰাৰ বাবে থাইৰয়ড গ্ৰন্থিৰ কাৰ্যক্ষমতা বৃদ্ধি পাই, ফলত দেহৰ সকলো স্নায়ুজাল আৰু গ্ৰন্থি সক্ৰিয় কৰি তোলে। স্মৃতি শক্তি বৃদ্ধি কৰে। 

৩/ অষ্টবক্ৰাসন- অষ্টবক্ৰাসনে মানুহৰ মনোযোগ বৃদ্ধি কৰে, পেটৰ চৰ্বি কমায় দিয়ে, বাহু শক্তিশালী কৰি তুলে, শৰীৰৰ অপ্ৰয়োজনীয় মেদবহুলতা কমায় আৰু যকৃতৰ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।

৪/ বীৰ ভদ্ৰাসন - বীৰভদ্ৰাসন কৰি পোৱা উপকাৰিতা সমূহ হৈছে - কফৰোগ, টনচিল, সকলোধৰণৰ বাত ৰোগ, পিত্তৰোগ আদি নিৰাময় কৰে, চাইনাচ, ধাতুৰোগ, হাঁপানী আদি ৰোগত সকাহ দিয়ে । হতাশা দূৰ কৰি মনলৈ উৎসাহ আৰু আনন্দ ঘূৰাই আনে। মেৰুদণ্ডৰ হাড় মজবুত কৰি তোলে। 
মানব শৰীৰ দেহ সুন্দৰ আৰু সুঠাম কৰি তোলে।

৫/ গোমুখাসন:- গোমুখাসনয় উপকাৰিতা সমূহ হ'ল - ধাতুৰোগ দূৰ কৰা, পুৰুষৰ অণ্ডকোষ বৃদ্ধি কৰা লগতে স্ত্ৰীৰোগ নিৰাময় কৰাৰ বাবেও গোমুখাসন এক উত্তম আসন বুলি গণ্য কৰা হয়।

৬/ উত্থিত পদ্মাসন-  উত্থিত পদ্মাসনে সাধাৰণতে পেটৰ মেদবহুলতা কমায়, হাতলৈ শক্তি আনে, কান্ধৰ মাংসপেশী সুস্থ সবল কৰি তুলে।

৭/ সৰ্বাংগাসন - এই সৰ্বাংগাসনে থাইৰয়ড গ্ৰন্থিক সক্ৰিয় আৰু সুস্থ কৰি ৰাখে। পাচনতন্ত্ৰ, আমাশয়, অন্ত্ৰ আৰু লিভাৰ সক্ৰিয় কৰি ৰাখে। ইয়াৰ লগতে অৰ্শ, টনছিলাইটিছ, হাৰ্নিয়া, ফেৰেনজাইটিছ, কোষ্ঠকাঠিন্য,  আদি ৰোগ নিৰাময় কৰাত সহায় কৰে।

৮/ ভূজংগাসন - চায়টিকা, কঁকালৰ বিষ, পিঠিৰ বিষ, ষ্পণ্ডেলাইটিচ আদি ৰোগ উপশমত ভূজংগাসনে বহু অৰিহণা যোগায়। লগতে ই পেট ফুলা, অজীৰ্ণ আদি ৰোগো নাইকিয়া কৰি দিয়ে। ভূজংগাসনে ডাইবেটিছ ৰোগ আৰোগ্য হোৱাত সহায়ক হয়।

৯/ বজ্ৰাসন:-  বজ্ৰাসনে বদহজম, এছিডিটি, গেছ, কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ সহায় কৰে। ইয়াৰ লগতে চাইটিকা,  পিঠিৰ বিষ, বাত বিষ দূৰ কৰাত বজ্ৰাসনে সহায় কৰে।

১০/ পূৰ্ণধনুৰাসন:- পূৰ্ণধনুৰাসনৰ উপকাৰিতা সমূহ হৈছে - এই আসন কৰিলে মেৰুদণ্ড নমনীয় আৰু সুস্থ হয়। ই কঁকালৰ যন্ত্ৰণা, ষ্পণ্ডেলাইটিচ, পেটৰ অসুস্থতা দূৰ কৰাত সহায়ক হয়। কিডনী সবল আৰু প্ৰস্ৰাৱজনীতৰোগ দূৰ কৰাত সহায় কৰে। এই আসনে উদৰ, কঁকাল আদিত জমা হোৱা চৰ্বি নাইকিয়া কৰে আৰু মাংসপেশী সবল কৰে।

আগলৈ...

পৃষ্ঠা ৩৯
ফলাফল সম্পৰ্কীয় বিশেষ ঘোষণা

অঙ্গনৰ যোৱা সংখ্যাত আয়োজিত গল্প প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে।

প্ৰথম স্থান ঃ গাৰ্গী ভট্টাচাৰ্য্য বৰুৱা।
দ্বিতীয় স্থান ঃ শৰ্মীষ্ঠা বৰ্মন।
তৃতীয় স্থান ঃ প্ৰণৱ ফুকন।

বিচাৰকৰ বিশেষ সন্মান লাভ কৰিছেঃ শ্যামলিমা কাকতিয়ে।
উল্লেখ্য যে বিচাৰকৰ বিশেষ সন্মান কেৱল বিচাৰকৰ বিবেচনাৰ ভিত্তিত প্ৰদান কৰা হৈছে। ইয়াত পঢ়ুৱৈৰ সংখ্যা গণনা কৰা হোৱা নাই।

বিভাগীয় সম্পাদক
অঙ্গন

পৃষ্ঠা ৪০
ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ২১

কিছু সুখৰ স্মৃতি আৰু এটি দুখৰ সন্ধিয়া

শমীষ্ঠা বৰ্মন
নতুন দিল্লী

'পুভৰ'ৰ পৰা 'কন্যাকুমাৰী'লৈ উভতি আহোঁতে  হঠাৎ  মোৰ পুৰণি সহকর্মী , কেৰেলা ৰাজ্যৰ 'কন্নুৰ' ( Kannur ) জিলাৰ বাসিন্দা  প্রিয়া ভার্গিছলৈ মনত পৰিছিল ৷ তাই বর্তমান দিল্লী এৰি নিজৰ ৰাজ্যৰ  এখন মহাবিদ্যালয়ত চাকৰি কৰি আছে ৷ লগে লগে প্রিয়ালৈ 'ফোন' লগাইছিলোঁ ৷ তাইৰ পৰা জানিব পাৰিছিলোঁ যে আমি হেনো কেৰেলাৰ দক্ষিণ প্রান্তত আছোঁ আৰু তাইৰ ঘৰ Kannur , কেৰেলা ৰাজ্যৰ উত্তৰ প্রান্তত ৷ আমাক সিহঁতৰ ঘৰলৈ যাবলৈ বৰ জোৰ দি কৈছিল ৷ কিন্তু তেতিয়া তাৰ পৰা আৰু প্রায় বাৰ' ঘণ্টাৰ বাট অতিক্রম কৰি তাইক লগ ধৰিবলৈ যোৱাটো আমাৰ বাবে অসম্ভৱ কথা আছিল ৷
             আমি কেৰেলা ৰাজ্যৰ সীমাৰেখাৰ অন্তর্গত অৱস্থিত 'কৃষ্ণপুৰম' ( Krishnapuram )নামৰ ঠাইত থকা Pottu Pura Family Restaurantত আহাৰ গ্রহণ কৰিবলৈ সোমাইছিলোঁ ৷ কিন্তু তাৰ শকত আৰু মোটা চাউলৰ ভাত খাই মনত শান্তি পোৱা নাছিলোঁ ৷ কিন্তু এইটো কথা সত্য যে মই ভাল নোপোৱা বস্তু এটা আনে ভাল পাবও পাৰে ৷ সেই কথাৰ প্রমাণ মই তাতেই পাই গৈছিলোঁ ৷ মোৰ বাওঁহাতে এটা সৰু ল'ৰা আৰু এহাল দম্পতিয়ে আহাৰ গ্রহণ কৰি আছিল ৷ পুৰুষজন হৃষ্ট-পুষ্ট আছিল আৰু তেওঁৰ পত্নী তেওঁতকৈ দুগুণ শকত-আৱত আছিল ৷ মহিলাগৰাকীৰ দেহৰ আকাৰ যিমান আছিল , সেই অনুযায়ীয়ে তেওঁৰ হাতৰ মুঠিত ভাত উঠিছিল ৷ সেই প্রকাণ্ড মুঠিৰ ভাতৰ গৰাহ মুখত সোমোৱাৰ ভঙ্গী দেখি মই আচৰিত হৈ পৰিছিলোঁ ৷ দুগৰাহ মান ভাত খোৱাৰ লগে লগে কাষৰ জগ এটাত থকা দৈ'ৰ পাতল পানী ( ছাঁছ ) পি খাইছিল ৷ সেই দৃশ্য মই ৰ' লাগি চাই আছিলোঁ ৷ 'ধনুষখোৰী'ত মনৰ চকুৰে শ্রীৰামচন্দ্র , লক্ষ্মণ , হনুমন্ত আদিক দেখি সেই ঠাইলৈ আহি স্বচক্ষে বকাসুৰকহে দেখিবলৈ পোৱা যেন লাগিছিল ৷ মোৰ ননদ আৰু ল'ৰা-ছোৱালীহালক সেই দৃশ্য দেখাই দিওঁতে সিহঁতে ওলোটা মোৰ ওপৰত খংহে কৰিছিল ৷  'মা 'ৰ চকু ক'ত ক'ত যে গৈ থাকে , লোকৰ ফালে কিয় চাব লাগে ?' বুলিহে কৈছিল ৷ 
          'কন্যাকুমাৰী'ৰ Guest House আহি পাই আমি বৰ ভাগৰি গৈছিলোঁ ৷
 গা-পা ধুই  সোনকালে শুই পৰিছিলোঁ ৷
          পিছদিনা গধূলি ৰেলেৰে আমি 'চেন্নাই'লৈ গুচি যোৱাৰ কথা আছিল ৷ সেইবাবে পুৱা ওচৰে-পাঁজৰে ফুৰিবলৈ যোৱাৰ কথা ভাবিছিলোঁ ৷ সাজি-কাঁচি ওলাই যেতিয়া আমি ধুনীয়া Guest House ৰ চাৰিওফালে ভালদৰে চাই লওঁ বুলি ওলাইছিলোঁ, তেতিয়া আমি নিচেই কাষত থকা ধুনীয়া আৰু প্রকাণ্ড Tower এটাৰ View Point টো দেখি আচৰিত হৈ পৰিছিলোঁ ৷ Guest Houseৰ সীমাৰ ভিতৰত সাগৰৰ পানী , সাগৰৰ ঢৌৰ উপৰিও সূর্যোদয় আৰু সূর্য্যাস্ত চাবলৈ যে ইমান সুন্দৰ  সুবিধা কৰি থোৱা আছিল , সেয়া ফুৰাৰ অধিক হেঁপাহৰ বাবে আমাৰ দৃষ্টিগোচৰ হোৱাই নাছিল ৷ অধিক হেঁপাহৰ বাবে কেতিয়াবা আমাৰ নিচেই কাষত থকা সুন্দৰ বস্তু বা বিষয়লৈ আমাৰ চকু নাযায় ৷ ঠিক তেনেকৈ গভীৰ দুখৰ কথাত সোমাই থাকিলেও নিচেই কাষত থকা সুখক আমি অজানিতে অৱহেলা কৰোঁ ! 
            আমি আটায়ে Tower ৰ ওপৰলৈ উঠি গৈছিলোঁ ৷ সাগৰৰ উত্তাল ঢৌবোৰেও আমাৰ পিছ ধৰিছিল যদিও সফল হোৱা নাছিল ৷ প্রকাণ্ড 'টাৱাৰ'ৰ কংক্রিটৰ বেৰত বাৰে বাৰে খুন্দা খাই উভতি যাবলগীয়া হৈছিল ৷ সেই দৃশ্য চাই চাই আমি পৰম আনন্দ লভিছিলোঁ ৷ 'টাৱাৰ'ৰ কাষৰ  সৰু-ডাঙৰ শিলবোৰৰ ফাঁকে ফাঁকে বিভিন্ন ৰকমৰ সৰু-ডাঙৰ মাছ , কেঁকুৰা আদিও দেখিবলৈ পাইছিলোঁ ৷ আমাৰ ল'ৰা-ছোৱালীহালে সেইবোৰ চাই চাই বৰ আনন্দ লভিছিল ৷ আমি 'টাৱাৰ'ৰ সর্ব্বোচ্চ শিখৰলৈ উঠি গৈছিলোঁ ৷ তাৰ পৰা সাগৰৰ পানীৰ ঢৌৰ সতে সাগৰৰ পাৰৰ সুন্দৰ দৃশ্য উপভোগ কৰিছিলোঁ ৷ 'টাৱাৰ'ৰ ওপৰলৈ যাওঁতে ভাগৰ লাগি গৈছিল যদিও নামি আহোঁতে আপোনা-আপুনিয়ে গতি দ্রুত হৈ পৰিছিল ৷ তাৰ পৰা নামি আহি 'টাৱাৰ'টোৰ তলত থকা বজাৰখনত সোমাইছিলোঁ ৷ আমি সকলোৱে নিজৰ নিজৰ ৰুচিমতে তাত কিবা-কিবি খাই লৈছিলোঁ , দুই-এপদ বস্তুও কিনিছিলোঁ ৷
              গধূলি 'ৰামেশ্বৰম'ৰ পৰা অহা 'ড্রাইভাৰ'জনে আমাক 'কন্যাকুমাৰী'ৰ ৰেল 'ষ্টেচন'ত থৈ আমাৰ পৰা বিদায় লৈছিল ৷ 
          পিছদিনা পুৱা ৰেলেৰে আমি 'চেন্নাই'ত উপস্থিত হৈছিলোঁগৈ ৷ তাত 'হোটেল' এখনত সোমাই গা-পা ধুই , খোৱা-বোৱা কৰি জিৰাই - শঁতাই Arignar Anna Zoological Park , Vandalur লৈ যাবলৈ মনস্থ কৰি Chennai Central Station লৈ গৈছিলোঁ ৷ তাৰ পৰা প্রায় ৩১ কিঃমিঃ আঁতৰত 'ভাণ্ডালুৰ' অৱস্থিত ৷ সাগৰৰ পানীত ল'ৰা-ছোৱালীকেইটাই যিদৰে আনন্দ লাভ কৰে ঠিক তেনেদৰে চিৰিয়াখানাৰ বিভিন্ন জীৱ-জন্তু চায়ো সিহঁতে সিমানেই আনন্দ উপভোগ কৰে ৷ 
           প্রায় দেৰ ঘণ্টা মানৰ পাছত আমি 'লকেল ট্রেন' এখনৰে 'ভাণ্ডালোৰ'ত উপস্থিত হৈ  Arignar Anna Zoological Park ফালে খোজ লৈছিলোঁ ৷ টিকট ঘৰৰ পৰা টিকট লৈ বিশাল ভূমিত বিস্তৃত চিৰিয়াখানাখনৰ ভিতৰলৈ সোমাই গৈছিলোঁ ৷ ভিতৰত প্রথমতে বিভিন্ন প্রজাতিৰ চৰাই-চিৰিকটি দেখিবলৈ পাইছিলোঁ ৷  African Grey Parrot , Eclectus Parrot আদি কৰি বিভিন্ন প্রজাতিৰ ভাটৌ চৰাই দেখিবলৈ পাইছিলোঁ ৷ 'ৰয়েল বেঙ্গল টাইগাৰ' বগা বাঘ , সিংহ , ঘঁৰিয়াল আদি কৰি বিভিন্ন ধৰণৰ জীৱ-জন্তু চাই গধূলি  'হোটেল'খনলৈ উভতি অহাৰ উদ্দেশ্যে পুনৰ ৰেলত উঠিছিলোঁ ৷ ৰেলখন যাত্রীৰে ঠাহ্ খাই আছিল ৷ ৰেলখন চলি গৈ পৰৱর্তী 'ষ্টেচন' পাওঁ পাওঁ হওঁতেই হঠাৎ চিঁঞৰ-বাখৰ শুনিবলৈ পোৱা গৈছিল ৷ ৰেলখন প্রায় পোন্ধৰ মিনিটমান একে ঠাইতে থিয় হৈ আছিল ৷ ৰেলৰ দুৱাৰত ওলমি থকা কোনোবা এজন নে দুজন হেনো চলি থকা ৰেলৰ পৰা পৰি গৈছিল ৷ কিবা দেখিবলৈ পাওঁ নেকি বুলি বাহিৰলৈ চাই থাকোঁতে হঠাৎ ঠেলা গাড়ী এখনত সেই দুর্ভগীয়া ৰেলৰ চকাৰ তলত পৰা যাত্রী এজনক তুলি কাপোৰ এখনেৰে ঢাকি দিয়া দৃশ্য মই স্বচক্ষে দেখিবলৈ পাইছিলোঁ ৷ সেই দূর্ভগীয়াজনৰ দেহাত তেতিয়া প্রাণ আছিল নে নাই সেই কথা জানিব পৰা নাছিলোঁ ৷ সেইগৰাকী কলেজীয়া ছোৱালী বুলি মানুহে কৈ থকা শুনিবলৈ পাইছিলোঁ ৷ মনটো হঠাৎ বৰ বেয়া লাগি গৈছিল ৷ বেজাৰ মনেৰে 'হোটেল'খনলৈ উভতি আহিছিলোঁ ৷

পৃষ্ঠা ৪১
নীলাখামৰ চিঠিঃ

মৰমৰ 
      মৰম

     মৰম ল'ব। ভালে থাকক প্ৰতিপল। আপোনাৰ কুশলাৰ্থে সদায়ে প্ৰাৰ্থনা কৰোঁ নেদেখাজনৰ ওচৰত, কৰি থাকিম আজীৱন। মোৰ খবৰ জানেই।  আশাকৰোঁ কোনোবাখিনিত থমকি ৰোৱা বেয়াবোৰো ভাল হ'বগৈ এটা সময়ত। 
        মৰম, জানেনে বৰ্তমান মোৰ চৌপাশে অনেকবিধ ফুলে আমোলমোলাই থাকে তথাপিও কিন্তু পাহৰিব পৰা নাই এজাৰৰ সেই নিষ্পাপ পাহিবোৰ। যি কঢ়িয়াই আনে আপোনাৰ আগমনৰ বতৰা। এতিয়া ভেকুলীৰ চিঞৰবোৰো নাই, কিন্তু বৰকৈ মনত পৰে সেই গধুলিটোৰ কথা। উস! কিমান যে ৰাগি লগা আছিল নহয়নে ! এফালে জোনাকৰ স্নিগ্ধতা আৰু আনফালে...।
         চাওঁতে চাওঁতে আমিও আগুৱাই আহিলো বহুদূৰ উভতিব নোৱাৰা সময়ৰ সাঁকোৱেদি। মৰম, মনত আছেই চাগে সৌ সিদিনা যে কৈছিলো- অপেক্ষাবোৰৰ অৰ্থ নুবুজিলে মৰমবোৰ আক্ষেপলৈ ৰূপান্তৰ হয় আৰু এগালমান আক্ষেপেই প্ৰাচীৰ হৈ পৰে এটি সম্বন্ধৰ মাজত। আমাৰো বাৰু তেনে হ'বলৈকে গৈ আছে নেকি ? সহ্য কৰিব নোৱাৰিম জানেনে, আপোনাৰ অবিহনে মোৰ ভৰিৰ তলৰ মাটিও কঁপি উঠিব খুজে। আপোনাৰ ওপৰত থকা অগাধ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিয়ে প্ৰেমৰ পাৰাপাৰহীন সাগৰত এৰি দিলো জীৱনৰ নাও। কিন্তু প্ৰেম জানো এনেকুৱা! এফালে ব্যস্ত প্ৰেমিক  আনফালে প্ৰিয়জনৰ অপেক্ষাত বাউলী প্ৰেমিকা। ছেহ, চিঠিৰ ভাষাই আজি চাগে  প্ৰতিবাদৰ ৰূপ লৈছে বেয়া নাপাব দেই। অৱশ্যে প্ৰতিবাদ কৰাটো মোৰো লক্ষ্য নাছিল।
         আজিকালি মুখত এমোকোৰা মিছা হাঁহি গুজি দুখবোৰ ঢাকিব পৰা হৈছোঁ। হয়তো ভৱিষ্যতলৈ আৰু ভালকৈ পাৰিম। মুঠতে নিজক সম্পূৰ্ণভাৱে প্ৰস্তুত কৰি তুলিছো অনাগত দিনত মূখামূখী হ'বলগা প্ৰতিখন যুদ্ধৰ বাবে। য'ত অস্ত্ৰ হ'ব কেৱল মৌনতা।  গান্ধীবাদী আদৰ্শৰ কথা আয়ে সৰুতেই কৈছিল, তাৰে সৰুসূৰা দুটামান কথা  এতিয়াও মনত আছে, পাৰিম চাগে বুজিছে। চিঠিৰ উত্তৰ  নাপাওঁ বুলি জানিয়ে মনলৈ যি  আহিছে  লিখি দিছো,  পঢ়ি হ'লেই মোহাৰি-মুচৰি পেলাই দিব ডাষ্টবিনত। চাব যাতে বতাহত উৰি নাযায়। আপোনাৰ ঠিকনাত পঠোৱা চিঠি আনে পালে ভাল নালাগিব নিজৰে।।

          ইতি-
আপোনাৰ নামত বাউলী প্ৰেমিকা

ৰিয়া হাজৰিকা
গোলাঘাট, ফৰকাটিং
মো- 9101612772

পৃষ্ঠা ৪২
গ্ৰন্থ বাৰ্তাঃ
শ্ৰী মদ্ভাগৱত কথা
আৰু এজন নীৰৱ সাহিত্য সাধক


প্ৰকাশ পালে পুষ্ট কলেৱৰৰ আৰু অতি মনোৰম ভাৱে ছপা-বন্ধা কৰা মূল সংস্কৃত ভাগৱতৰ ওঠৰ হাজাৰ সংস্কৃত শ্লোকৰ যথানূক্ৰমিক ভাৱে অসমীয়া গদ্যানুবাদ কৰা "শ্ৰী মদ্ভাগৱত কথা" নামৰ গ্ৰন্থখন। অসমীয়া ভাষাত আমি জনাত আজিকোপতি মূল শ্ৰী মদ্ভাগৱতৰ গদ্যানুবাদ ওলোৱা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পাঁচশ বছৰৰ আগতে কৰা পদ-ভাঙনিয়েই আমাৰ বাবে যথাসৰ্বস্ব হৈ আছে। গতিকে আমি মূল শ্ৰী মদ্ভাগৱততনো কি লিখা আছে সেই বিষয়ে নজনাকৈয়ে থাকিব লগা হৈ আছে।

গ্ৰন্থখনৰ অনুবাদক শ্ৰী বিনন্দ শৰ্মা পূজাৰী যোৰহাটৰ পকামূৰা অঞ্চলত নীৰৱে অসমীয়া সাহিত্য সাধনাত ব্ৰতী হৈ থকা লোক। সাধাৰণতে প্ৰচাৰ বিমুখ এইজন লোকে লিখা কেইবাখনো অতি মূল্যৱান গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈ ওলাইছে। তেখেতৰ প্ৰথম প্ৰকাশ গুৱাহাটীৰ Student Store's য়ে প্ৰকাশ কৰা ' ৰামায়ণ- কোষ' । অসমীয়া ভাষাত ৰামায়ণৰ বিষয়ে জানিবলৈ কোনো কোষগ্ৰন্থ নাছিল। তেখেতে চাৰিশ পৃষ্ঠাতকৈও অধিক পৃষ্ঠা সামৰি লিখা কোষগ্ৰন্থখনে অসমীয়া ভাষাৰ এটা অপূৰণীয় অভাৱ পূৰণ কৰে। তেখেতৰ দ্বিতীয় গ্ৰন্থ "আসাম পাবলিছিং কোম্পানী"য়ে প্ৰকাশ কৰা " শ্ৰী ৰামচন্দ্ৰৰ জীৱন গাঁথা" নামৰ গ্ৰন্থখনো অসমীয়া ভাষাত প্ৰথম। বাল্মিকী ৰামায়ণৰ ওপৰত ভিত্তি কৰি লিখা এই জীৱনী গ্ৰন্থখন তেখেতে উপন্যাসোপম ভাৱ- ভাষাৰে ৰচনা কৰাৰ বাবে পঢ়িবলৈ বৰ উপাদেয় হৈছে। তেখেতে ৰামায়ণৰ কথাক উপজীৱ্য হিচাপে লৈ লিখা আৰু দুখন গ্ৰন্থ আমাৰ হাতত পৰিছে। সেই দুখনৰ এখন হ'ল সম্পূৰ্ণ নতুন দৃষ্টিভংগীৰে ৰচনা কৰা ৰাৱণৰ জীৱনী " নিকষা-নন্দন ৰাৱণ দশানন " আৰু আনখন " ৰামায়ণী চৰিত্ৰৰ নৱমূল্যায়ন "। ৰাৱণৰ জীৱন ভিত্তিত লিখা কিতাপখনত লেখকে এক নতুন ৰহণ সানিছে। তেখেতৰ ৰহনীয়া ৰহলগা গ্ৰন্থখন পঢ়িলে আপুনি তেখেতক সমৰ্থন কৰিবই লাগিব। তেখেতৰ অন্যখন গ্ৰন্থ " ৰামায়ণী চৰিত্ৰৰ নৱমূল্যায়ন" ত আমি লেখকৰ দুৰ্দান্ত সাহস আৰু অনবদ্য বিশ্লেষণী ক্ষমতাৰ প্ৰকাশ দেখিবলৈ পাইছোঁ। তেখেতে যেতিয়া দশ অৱতাৰৰ অন্তৰ্ভূক্ত 'পৰশুৰাম' ক অৱতাৰ নহয় বুলি কয়, দশৰথৰ পুত্ৰসকলক 'জাৰজ পুত্ৰ' বুলি কয়, যেতিয়া ৰামায়ণৰ মূল চালিকাশক্তি 'মন্থৰা' বুলি কয় তেতিয়া আপোনাৰো চকু কপালত উঠিব। কিন্তু তেখেতে সেইবোৰ কথা বিশ্লেষণ কৰি দেখুৱাইছে। গ্ৰন্থখনৰ পাতে পাতে এনেকুৱা অনেক কথা আছে, যিবোৰ কোনেও ক'তো ভবা নাই, ভাবিছে যদিও প্ৰকাশ কৰা নাই। মই কিতাপ কেইখন(প্ৰকাশিত) পঢ়ি তেখেতৰ ঘৰ পালোগৈ , দেখিলো এই সাহিত্য সাধকজনে আগফালে পৰ্টিকত থকা বহল ডেক্স এখনতে কিতাপ- কাগজ লৈ একান্তমনে লিখা- পঢ়া কৰি আছে। তেখেতক আৰু কি কি লিখিছে বুলি সুধিলত তেখেতে প্ৰায় কুৰিটা মান বিশাল আকাৰৰ পাণ্ডুলিপি দেখুৱালে - তাৰ ভিতৰত আছে " ৰামায়ণৰ সম্পূৰ্ণ গদ্যানুবাদ( Student Store's য়ে লিখিবলৈ দিয়া) , বিশাল আকৃতিৰ " ভাগৱত কোষ ", ভাৰতীয় ঋষি-মুনি সকলৰ জীৱন ভিত্তিক " কুসুম-কোষ"( য'ত ১২৮০ জনমান ঋষি-মুনিৰ জীৱনী সন্নিবিষ্ট আছে) আৰু "হিন্দুৰ দেৱ-দেৱীৰ চমু পৰিচয়"( প্ৰায় ৫০/৬০জন দেৱ-দেৱীৰ পৰিচয় আছে। এইবোৰৰ উপৰিও লকডাউনৰ সময়চোৱাত তেখেতে আৰু ভালেমান গ্ৰন্থ ৰচনা কৰিছে। লিখি আমনি লাগিলেই তেখেতে বাৰীৰ বিভিন্ন কামত লাগি যায়। এইছোৱা সময়ৰ ভিতৰতে তেখেতে অসমৰ নতুন প্ৰজন্ম তথা যুৱক-যুৱতী সকলক গুৰুজনাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বুলি " গুৰু শংকৰদেৱ অধ্যয়ন সমাজ " নামৰ এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰি সভাপতিৰ গুৰু দায়িত্ব বহন কৰাৰ উপৰিও উক্ত অনুষ্ঠানৰ বাবে " শৰণ প্ৰণালী সৰ্বস্ব", " শৰণ-ভজনৰ তাৎপৰ্য আৰু শৰণীয়া-ভজনীয়া সকলৰ নিত্য-নৈমিত্তিক কৰ্তব্য", "শংকৰদেৱৰ বৰগীত কেইটাৰ আধুনিক অসমীয়া ভাষাত শব্দাৰ্থসহ অনুবাদ","গুৰু শংকৰদেৱৰ সাহিত্য পৰিচয়" শীৰ্ষক গ্ৰন্থ ৰচনা কৰি নিজেই প্ৰকাশ কৰিবলৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে।
এশ এবুৰি বেমাৰ ( হাৰ্টৰ অপাৰেশ্যন) , আৰ্থিক অভাৱ- অনাটনক আওকাণ কৰি এইজন সাহিত্য সাধকে নিৰৱিচ্ছিন্ন ভাৱে ইখনৰ পিছত সিখন অসমীয়া ভাষাত নথকা গ্ৰন্থ কেৱল আত্মিক অনুপ্ৰেৰণাৰে উদ্বুদ্ধ হৈয়ে ৰচনা কৰি গৈছে। তাত কাৰো সহায় বা প্ৰেৰণা তেখেতে অদ্যপৰিমিত পোৱা নাই।

"শ্ৰী মদ্ভাগৱত কথা" নামৰ গ্ৰন্থখন আটক ধুনীয়া কৰি প্ৰকাশ কৰিবলৈ তেখেতে নাম প্ৰকাশত অনিচ্ছুক এজন শুভাকাংক্ষী, উদাৰ আৰু বদান্যতা থকা ব্যক্তিৰ পৰা সাহায্য গ্ৰহণ কৰিছে। গ্ৰন্থখন অনুবাদ কৰোঁতে তেখেতে" শ্ৰীশ্ৰী ল মহামহোপাধ্যায় ৰাধা- বিনোদ গোস্বামীদেৱৰ " শ্ৰী মদ্ভাগৱতম্" নামৰ ২২ টা খণ্ডত প্ৰকাশিত গ্ৰন্থ,পঞ্চানন তৰ্কৰত্নৰ দ্বাৰা অনূদিত " শ্ৰী মদ্ভাগৱতম্", ইচকনৰ দ্বাৰা প্ৰকাশিত ভাগৱত আৰু অসমীয়া ভাষাত প্ৰকাশিত আটাইকেইখন পদ- ভাগৱত আৰু এখন বাংলা ভাষাৰ পদ- ভাগৱতো সংগ্ৰহ কৰিহে অনুবাদৰ কামত আগবাঢ়িছে। বৰ্তমান ৭৪ বছৰ বয়সীয়া এই নিৰৱ সাধকজনৰ শেষ ইচ্ছা ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে শ্ৰী মদ্ভাগৱতৰ পৰা মহাভাৰত আৰু হৰিবংশলৈকে সামৰি এখন বিশাল উপন্যাসোপম জীৱনী গ্ৰন্থ ৰচনা কৰাৰ। সেইকাৰণে তেওঁ ৮০ বছৰ বয়সলৈকে জীয়াই থাকিব বিচাৰে। আমি নিজেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতক যেন ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ মহান লীলা- মাহাত্ম্য প্ৰকাশ কৰিবলৈ সুষ্ঠ শৰীৰ আৰু দীৰ্ঘায়ূ প্ৰদান কৰে।

হেমেন নাথ
সম্পাদক, অঙ্গন

পৃষ্ঠা ৪৩
আপদীয়া পদ্যঃ

(১) 

এনে স্বাধীনতাৰ কিহৰ প্ৰয়োজন
য'ত পৰাধীন মনৰ ভৰপূৰ আয়োজন।
ৰাগৰ মাতাল সুৰেৰে
নিজৰ বাহুৰ বলেৰে
পাহৰি পেলাইছে বহুতেই নিজৰ প্ৰিয়জন।। 

(২)    
শেষ হোৱাই নাই ক'ৰনা মহামাৰী
আকৌচোন নিপকোৱে দিলে বান এৰি,
এতিয়াচোন অনাহাৰত মৰিব জনগণ
সকলোৰে ভয়ত কঁপিছে তন মন
কিয়নো দুয়োটা যে সমানেই প্ৰলয়ংকাৰী।।

(৩) 
পেট্ৰ'ল ডিজেলত লগাইছে জুই
সকলোৰে মুখতে একে কথাই কোৱা কুই।
বজাৰতো বস্তুৰ জুই চাই দাম
ভাল কাম কৰা কিন্তু নেতাৰ নাই নাম
নিৰ্বাচনত উপযুক্তক নকৰিবা আৰু নুই।।

আৰতি ফুকন 
বুৰঞ্জী বিভাগ, 
ডিব্ৰুগড় বিশ্ববিদ্যালয়।

পৃষ্ঠা ৪৪
গল্পঃ

ভাৰ

(আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যত)

ইভা দহোতীয়া, 
কাকপথাৰ, তিনিচুকীয়া

ভৰ বাৰিষাৰ থমথম্ বৰষুণীয়া দিনবোৰত প্ৰকাণ্ড ঘৰটোৱে যেন অজগৰ এটাৰ দৰে চুপেচাপে মুখ মেলি খাওঁ খাওঁ মূৰ্তি ধৰে। সমুখৰ নৰ্দমাটোৱেদি বৰষুণৰ পানীসোঁতাত বোকাৰঙী থাৰ্ম'কলৰ কাৰ্টুন এটা ফেঁট তুলি নাচি নাচি আহে। কাষৰ জহি-খহি যোৱা তিনিমহলীয়া এৰাপৰলীয়া বিল্ডিঙটোৰ দেৱাল বগাই মুখত পোৱালি এটা লৈ নেউল নে হেঁপা তেনেজাতীয় কিবা এটা ওপৰলৈ উঠি যায়। নিজান জান গোমোঠা চেঁচা ভাৱ এটাই চৌপাশ গিলি থয়।এনেবোৰ সময়তে মধুমিতা চৌধুৰীৰ ধৈৰ্য্যৰ বান্ধ প্ৰায় সুলকি পৰে।

দীঘলীয়া বেলকনিখনত ৰৈ থকাৰ পৰা সিফালৰ পাকঘৰৰ বেলকনিলৈ আহি তেওঁ অযথা  পাইচাৰি কৰি ফুৰে। সেই বাইলেনটোৰ সিপাৰৰ পাহাৰকেইটাৰ গাত কৃষ্ণচূড়া আৰু এজাৰকেইজোপা এতিয়াও থিয় দি আছে। এৰা, ঠিক তেওঁৰ দৰে। তেওঁৰ দৰেই এই গছকেইজোপাইয়ো দেখিলে এই বেলকনিতে থিয় দি পুষ্পিত সিহঁতৰ সৌন্দৰ্য্যলৈ চাই চাই কত ছোৱালীয়ে সপোন ভঙা-গঢ়া কৰাৰ দৃশ্য।

পাইচাৰি কৰিবলৈ এৰি তেওঁ কিমান পৰ ৰৈ আছিল জানো তাত! ক'ব নোৱাৰে তেওঁ। কোনোবাই  খালী বটল, পুৰণি কাগজ কিবাকিবি বুটলি ফুৰা বাইচাইকেলৰ লগত সাঙুৰি লোৱা ঠেলা এখন ঘেটেলেং ঘেটেলেং পেদেল মাৰি চলাই অহা ষ্ট্ৰীট লাইটৰ পোহৰত দেখিহে তেওঁৰ চেতনা ঘূৰি আহিল। এখুজি দুখুজিকৈ তেওঁ ভিতৰলৈ সোমাই আহিল। বাথৰুমত সোমাই মুখ-হাতকেইটা ধুই টাৱেলেৰে মচি ল'লে। মচি থাপনাৰ ধূপদানি অৰ্ঘা ধুই-পখালি ধূপ দুডাল, চাকি এগছ জ্বলাই সেৱা এটা কৰিলে।ব্ৰীফকেছটোৰ পৰা পাৰ্চটো উলিয়াই পইচাকেইটা গণি গণি চালে। ভৰিত চেণ্ডেলযোৰ সুমুৱাই দৰজাখনত তলাটো লগাই বজাৰৰ পিনে কুজুক্ কুজুক্ খোজ ল'লে।

পাচলিৰ বজাৰত সোমাই ধনিয়া এমুঠি, জলকীয়া পাঁচ টকা, নেমু দহ টকা, চাউল দুইকেজি ,দাইল আধা কেজি আলু এক কেজি এনেকুৱাকে বজাৰখন কৰি তেওঁ ঘৰলে উভতিল। চাহ চেনি বিস্কুট আছেই। তিনি চাৰি দিনমানলে আৰু তেওঁ বজাৰলৈ নাহে।

এইকেইদিন তেওঁৰ বেংকৰ একাউণ্ট বুকখন খুলি চাবলৈ ভয় লগা হৈছে। ভাগ্যে যেনিবা বাই-ভনীকেইজনীয়ে হাত পাতি ধৰি আছে বুলিহে।নহ'লে তিনি চাৰিদিনৰ মূৰতো বজাৰলৈ ওলাই যোৱাৰ মুদা মৰিব।

দুৱাৰৰ তলাটো খুলোঁতে খুলোঁতে চকুযোৰ সজল হৈ আহিল তেওঁৰ। হুকটো ভিতৰৰ পৰা লগাই বস্তুকেইপদ ঠায়ে ঠায়ে থৈ তেওঁ বিছনাখনতে এপলক বহিল। আকৌ বিৰিঙি উঠিল আন এটোপাল চকুলো।বিৰিঙক। বিৰিঙি বিৰিঙি থাপনাৰ চাকিগছৰ আগতে সৰি পৰক এই চকুলো। এই চাকিগছৰ বাহিৰে কোনেও নেদেখে এই চকুপানীৰ কেঁকনি।

কি কৰা যায় ? কি কৰা যায় এতিয়া ? চিন্তাত গধুৰ হৈ পৰা মূৰটো যেন আৰু দঙা নাযায়।বিছনাতে ধপ্ কৰে লুটি খাই পৰি দিলে তেওঁ। তেওঁ যেন অনন্ত কাললৈ আৰু পৰাৰ পৰা নুঠিব। থাকক ইয়াতে পৰি। কোনে খবৰ ৰাখে।ঘৰখনত জেঠী আৰু মকৰাকেইটাৰ বাহিৰে দ্বিতীয় এটা প্ৰাণীতো আৰু নাই। চাউল-দাইল আনিবৰ পৰত মাৰোৱাৰী দোকানত কাম কৰা মানুহটোৱে যি এবাৰ সোধে;-'ভালনে বাইদেউ ?' ইয়াৰ পিছত সাতদিনলে আৰু মানুহেৰে মাত-বোল নাই।

চকুৰ আগত খালী হোষ্টেলটো লৈ ছোৱালী আহিব আহিব বুলি মাহৰ পিছত মাহ ৰৈ থাকে তেওঁ। চৰকাৰী খৰছত কিবাকিবি প্ৰফেশ্যনেল ক'ৰ্ছ পঢ়িবলে অহা মাইন'ৰিটি সম্প্ৰদায়ৰ ছোৱালীবিলাকৰ বাবে বুক কৰিছিল তেওঁৰ হোষ্টেল। ঠিকেই চলিছিল হোষ্টেল। জাক জাক ছোৱালী আহে। ছোৱালীহঁতৰ হাঁহি-খিকিন্দালি হাই-উৰুমিৰে তেওঁ নিজকে পাহৰি থাকে।ছোৱালীহঁতক খুৱাই-বুৱাই ঘৰৰ ভাড়া দিয়াৰ পিছতো নিশ্চিন্তকৈ চলি ভালেকেইটা পইচা সাঁচিব পাৰে। তেনেদৰেই চলি যায় গুটীয়া জীৱন।

নাই। তাতো চকু পৰিল মানুহৰ। মানুহজনক তিনি চাৰি বছৰ হাস্পতালে হাস্পতালে চোঁচৰাই অৱশেষত বগা কাপোৰেৰে ঢাকি শুৱাই থৈ অহাৰ পিছত শহুৰৰ ঘৰত ৰুমৰ আলমাৰিত তলা লগাই থৈ ভাড়াঘৰত থিতাপি লোৱাৰ পিছত এইকণ সুখো সহিব নোৱাৰিলে মানুহে। ছোৱালীজনী দক্ষিণৰফালে পঢ়িবলৈ গৈছিল;-দেউতাক ঢুকোৱাৰ পিছত বেচেৰী তাতে মৰ কামোৰ মাৰি যেনে তেনে চলিবলৈ চেষ্টা কৰা হ'ল। এতিয়া ছোৱালীজনীলৈ মাজে-সময়ে দুপইচা পঠোৱাৰো মুদা মৰিল।

বৰষুণ আকৌ দিছে। লগতে পাতল বতাহো। খালী বিছনা টেবুল চকীবোৰে যেন উত্তৰ পাৰৰ সৰু নগৰখনত এৰি থৈ অহা মানুহজনৰ ঘৰখনলৈ চিৰিং চিৰিঙকৈ মনত পেলাই দিয়ে। মানুহজন থকালৈকে আলহী-অতিথিৰে ভৰি আছিল যৌথ পৰিয়ালৰ ঘৰখন।"দাদা অমুকটো কৰি দিয়ক" "দাদা তমুকটো মোৰ নামত লিখি দিয়ক" ইত্যাদি। 'নবৌ'ৰ হাতৰ খাহী মাংস মানুহজনৰ স'তে একেলগে ব্যৱসায় কৰা কত 'দেওৰ' এ টকালি পাৰি জুতি ল'লে।...মানুহজনৰ পিছে পিছে সকলোবোৰেই গ'লগৈ।আনকি ঘূৰাই থৈ নগ'ল ধাৰ দিবলে বাকী থকা টকাবোৰো।

তেওঁৰো নাছিল নিজাকৈ বুলি এটা পৰিচয়। মঞ্চত বিহু সম্ৰাজ্ঞীৰ নাচোনেৰে মানুহজনক মতলীয়া কৰাৰ পিছতেই শেষ হৈছিল তেওঁৰ নিজা পৰিচয়।ঢোল-পেঁপা-গগণাৰ মাত কাঁহ পৰি জিন গৈছিল।

কত অথন্তৰৰ মূৰত হোষ্টেলখনত তেওঁ খামোচ এটা বিচাৰি পাইছিল। তাৰো এতিয়া থৰক্-বৰক্ অৱস্থা।এইখন কঠুৱা নগৰত জীবলৈ তেওঁ উশাহ নোপোৱা হৈ আহে। ছোৱালীজনীয়ে বা খাই আছে নে নেখাই মৰিছে!

বৰষুণৰ টোপালবোৰ ডাঙৰ হৈ আহে। বাহিৰত বোন্দা এটাই কলিজা ভেদি যোৱাকৈ মৰ চিঞৰ মাৰে। চাঁট্ কৰে কাৰেণ্টটো গুচি যায়। চক্ খাই উঠে মধুমিতা চৌধুৰী।খপজপকৈ ম'বাইলটো জ্বলাই জুইশলা বাকচটো আৰু মম দুডাল উলিয়াই ল'লে।দুয়োডাল মমেই লগাই দিয়ে তেওঁ। জ্বলক। দুডাল কিয় মমবাতিৰ কাৰখানাটোকে আনি বহুৱাই দিলেও পোহৰি উঠিব নে নুঠে জানো মধুমিতা চৌধুৰী ! চাৰিওফালে দেখোন এন্ধাৰেই এন্ধাৰ।

বৰষুণ এৰিলত মানুহৰ মাত বুজিব পৰা হোৱাত ছোৱালীজনীলৈ ফ'ন এটা লগালে তেওঁ। তেওঁৰ দৰে তাইৰো কিজানি মনটো চেঁচা পৰি গোট মাৰিল।

         কাহিলীপুৱাতে সাৰ পালে তেওঁ। বিছনাতে মনত পৰিল কালি বজাৰৰ পৰা আহোঁতে বাৰাণ্ডাতে লগ পাই মালিকনী বুঢ়ীগৰাকীয়ে মাতি পঠাইছিল। বৰষুণজাক জোৰত অহা বাবে যোৱা নহ'ল। এতিয়া চাহকাপ খায়ে গৈ আহিলেই ভাল হ'ব।মাতিবনো আৰু কি কাৰণে!!চাৰি মাহৰ ভাড়া পৰি আছে।

বুঢ়ীগৰাকীৰো অৱস্থা ভাল নহয়। আগতে নিশ্চয় নদন-বদনেই আছিল। এনেহেন মহানগৰ এখনত লমালমে লগা নাৰিকল, আম, কল, কঁঠাল, কৰ্দৈ, বগৰী, তামোলেৰে ভৰা বাৰী এখন সতকাই দেখা পোৱাই টান। এতিয়া গছবোৰ বুঢ়া হ'ল যদিও ফলমূল সাধ্যমতে দি আছে। তিনি মহলাৰ ঘৰটোত ফাপৰে ধৰিলে। তথাপি যেনিবা মানুহ থাকিব পৰা হৈ আছে গুণে মাজৰ মহলাটো ভাড়ালৈ দি তলৰ মহলাত বুঢ়ীগৰাকী; ওপৰ মহলাত নাতি-বোৱাৰী আৰু দুয়ো মহলালে পুতেক অহা-যোৱা কৰি থাকে।

কিন্তু তেওঁ  ভাড়া দিয়ে ক'ৰ পৰা ?বেলকনিতে থিয় দি ব্ৰাছ কৰি কৰি তাৰে চিন্তাত তেওঁ আঁত নেপালে। চিন্তা কৰি কৰিয়ে তেওঁ মুখ ধুলে গা-পাও ধুলে। গোসাঁই সেৱাও কৰিলে। একমাত্ৰ ছোৱালীজনী পঢ়া-শুনা সামৰি ক'ৰবাত মূৰটো গুজিবৰ বাবে যুঁজি আছে। বাই-ভনীকেইজনী আৰু মাকহঁতে মিলি আলোচনা কৰি থকা কথাবোৰ যেন আকৌ এবাৰ কাণত বাজে।' ছোৱালীতকৈ আগে মাকৰ গতি লগাব লাগে। ফুকলীয়াতে বিয়া দিয়া ছোৱালী।' মধুমিতা চৌধুৰীৰ বুকুখনে মোচৰ খাইছিল নে কাণ দুখনে ৰমৰমাইছিল জানো ! আয়নাখনৰ আগত এনেয়ে এবাৰ থিয় দি চালে তেওঁ। এৰা ! একেবাৰে একে আছে তেওঁ। টৰ্চ লাইট এটা জ্বলাই গ্লাছখন হাতৰ তলুৱাৰে ঢাকি ধৰিলে আঙুলিৰ ফাঁকেৰে পোহৰ সৰকি যি বৰণ লয় ঠিক তেনেকুৱাই হৈ আছে তেওঁৰ ওঁঠ, নাকৰ পাহি মুখমণ্ডল, বাহু। সমগ্ৰ শৰীৰ।

মালিকনী বুঢ়ীগৰাকীৰ ওচৰলে যাবলে বুলি চিৰিয়েদি নামি আহোঁতে হঠাতে উজুটি খোৱাত অকমাণ বেয়া হোৱা শাৰীৰ ভাঁজটো ঠিক কৰি লওঁতে তেওঁৰ অনুভৱ হ'ল যেন জীৱনৰ বাটত হামখুৰি হাবাথুৰি খাই খাই আহি থাকোঁতে নিজৰ বুলিবলে কেৱল শৰীৰটোহে ৰ'ল।

মধুমিতা চৌধুৰীৰ চকুযোৰ নিমিষতে ফুলি যেন ৰঙা হৈ গ'ল।

পৃষ্ঠাঃ ৪৫
নৈশ বাছত বিভিষীকা

মনিকা বৈশ্য 
শান্তিপুৰ হিলচাইড্, গুৱাহাটী 
9706046780

: মামুলু ..সোনকালে কৰা বাছ গুচি যাব নহ'লে। ৰাজীৱে চি়ঞৰিলে। 

: অ.. মোৰ হ'লেই লাষ্ট এবাৰ ৱাচৰূম গৈ আহোঁ, নহ'লে দিগদাৰ হয় মোৰ। সেই লেতেৰা টয়লেট বোৰ ঘিণেই লাগে। 

ৰাজীৱে মৰমতে ৰাগিনীক মামুলু বুলি মাতে। বেগটো হাতত লৈ ৰাগিনী লৰালৰিকৈ ওলাই আহিল। ইতিমধ্যে সিহঁতক  বাছ আস্থানলৈ নিবলৈ টেক্সিখন আহি পাইছে। শিলচৰৰ পৰা গুৱাহাটী অভিমুখী ব্লুহিল্চ ট্ৰেভেলচ্‌ৰ ধুনীয়া নৈশ বাছখনত দুয়ো আৰামকৈ  বহি ললে। ৰাগিনী নৱম শ্ৰেণীত আৰু  ৰাজীৱ দ্বাদশ শ্ৰেণীত থকাৰ পৰাই সিহ‍ঁতৰ চাৰি চকুৰ মিলন হৈছিল। তাৰ পিছত হৃদয়ৰ। চাকৰি বাকৰি  নোহোৱা ৰাজীৱলৈ মাক দেউতাকে ৰাগিনীক বিয়া দিবলৈ সন্মত হোৱা নাছিল। কিন্তু ৰাগিনীৰ জেদত পিছলৈ মান্তি হৈছিল। বিয়াৰ ঠিক আগে আগে ৰাজীৱৰ চাকৰিও হ'ল আৰু প'ষ্টিং হ'ল আগৰতলাত। আগৰতলাৰ পৰা শিলচৰত থকা ককায়েকৰ ঘৰত দুদিন থাকি সিহঁত গুৱাহাটীৰ নিজৰ ঘৰলৈ আহিছে সন্মুখত মাঘৰ বিহু।  বিয়াৰ পিছত প্ৰথম বিহু, মনটো তাইৰ উগুল-থুগুল লাগি আছে । সকলোবোৰ মানুহ উঠাৰ পিছত বাছখন চলিবলৈ আৰম্ভ কৰিলে। কণ্ডাক্টৰ জনে লাইটবোৰ নুমুৱাই ডিম্ লাইট জলাই সৰু ভলিউমত "'তুজ বিন জীৱন কেইছে  বিতা, পুচ্ছ মেৰে  দিল চে" গানটো বজাই দিলে। লগে লগে বাছ খনৰ পৰিবেশটো সলনি হৈ পৰিল। "আহ্.. অপূর্ব! কি যে ৰোমান্টিক পৰিবেশ।" ৰাগিনীৰ কথা খিনি শুনি ৰাজীৱ তাইৰ কাষ চাপি আহিল আৰু শ্ৱাল খনেৰে  তাইক মেৰিয়াই ললে। সুখানুভূতিত তাইৰ চকু মুদ  খাই গ'ল। ৰাগিনীয়ে ভাবিলে.. এই যাত্ৰা যেন শেষ নহওঁক।
পাহাৰীয়া এঁকাবেকা ৰাস্তাটোৰে বাছখন আগবাঢ়িছে নিশাৰ আন্ধাৰ ফালি। এঘণ্টা মান অহাৰ পিছত হঠাতে বাছখন ৰৈ গ'ল। মানুহবোৰে কি হ'ল, কি হ'ল কৈ খিৰিকীবোৰ খুলি গম লোৱাৰ চেষ্টা কৰিলে। আৰু কেইজনমান মানুহৰ লগত ৰাজীৱো নামি গ'ল কি হৈছে চাবলৈ বুলি। "ৰাষ্টাৰ মাজতে এখন ট্ৰেভেলাৰ  বেয়া হৈ পৰি  আছে আৰু কাষতে এটা প্ৰকাণ্ড গাত। কোনোমতে এখন গাড়ী পাৰ হৈ যাব পৰাকৈ ৰাস্তাটো ঠেক হৈ গৈছে। সিফালৰ পৰা আহিব  লগীয়া গাড়ীবোৰো ৰৈ গৈছে।" ৰাজীৱে কথাখিনি ৰাগিনীৰ লগতে বাছখনৰ মানুহখিনিক উদ্দেশ্যি ক'লে.. "বেয়া হোৱা গাড়ীখন আঁতৰাবলৈ ক্ৰেন  আহি পাইছে, হয়তো আধা ঘন্টা মান লাগিব।" ৰাজীৱ কাষত থকাই ৰাগিনীৰ মনতো প্ৰেম সাগৰত ডুবি আছিল। দুয়ো সৰু সৰু কৈ কথা পাতি থকাৰ মাজতে ৰাগিনীয়ে গ্লাচখন খুলি বাহিৰৰ আমেজ লৈ থাকিল। এটা সময়ত বেয়া হৈ থকা গাড়ীখন আতৰোৱা হ'ল যদিও ৰাস্তাৰ প্ৰকাণ্ড গাঁতটোৰ কাৰণে দুখন গাড়ী কোনোমতেহে পাৰ হ'ব  পৰা হ'ল। কণ্ডাক্টৰ জনে ক'লে যে খুব লাহে লাহে বাছবোৰ যাব দিছে নহ'লে বিপদ হ'ব। দ্ৰাইভাৰে বাছখন ষ্টাৰ্ট দিয়া শুনি আটায়ে স্বস্তিৰ নিশ্বাস ল'লে। বিপৰীত দিশৰ বাছবোৰো চলিবলৈ আৰম্ভ কৰিলে। বাছখনে  স্পীড ল'লে বন্ধ কৰিব বুলি ভাবি ৰাগিনীয়ে  খিৰিকীৰ গ্লাচখন খুলিয়ে ৰাখিছিল। হঠাতে বিপৰীত দিশৰ পৰা অহা বাছ খনৰ পৰা হাত এখন আহি ৰাগিনীৰ বাহুত  লাগিল। তাই একো ততকে ধৰিব নোৱাৰিলে। ৰাগিনীয়ে  লৰালৰিকৈ গ্লাচখন মাৰি দিলে যদিও সিফালৰ পৰা ল'ৰাজনে আকৌ খিৰিকী খন খুলি দিলে। তাই ৰাজীৱৰ কাষলৈ চাপি আহি চি়ঞৰি দিলে... "অ' মা.." ৰাজিৱে তৎক্ষণাত খিৰিকীখন বন্ধ কৰি হাতেৰে হেছি ধৰি থাকিল। কিন্তু আকৌ খিৰিকী খন খুলি গ'ল। ৰাজীৱ আৰু ৰাগিনী আতংকিত হৈ উঠিল, দেখিলে এইবাৰ এখনৰ ঠাইত কেবাখনো হাত ওলাই আহিছে খিৰিকীখন খুলিবলৈ। এইবাৰ ৰাজীৱে ঠিয় হৈ লৈ খিৰিকীখন বন্ধ ৰাখিবৰ বাবে হেঁচা দি ধৰিলে। খিৰিকীখনৰ এফালে ৰাজীৱ আৰু আনফালে কামান্ধ কেইটাৰ টানাটানিত খিৰিকীখন ভাঙো ভাঙো অৱস্থা। ইতিমধ্যে বাছ খনে স্পীড লোৱাত সেই দুঃসহ সময় খিনি পাৰ হ'ল। অকস্মাত্ হোৱা ঘটনাটোত সিহঁত বাকৰুদ্ধ হৈ পৰিল। খিৰিকীৰ লক্টো পুনৰ লগাই ৰাগিনী ৰাজীৱৰ বুকুৰ মাজত কুচিমুচিকৈ সোমাই থাকিল। মই থাকোতে তোমাক কোনেও একো কৰিব নোৱাৰে  বুলি ৰাজীৱে তাইক গাৰ জোৰে  সাৱটি ধৰিলে। গুৱাহাটী নোপোৱালৈকে গোটেই ৰাস্তা সিহঁতে এটা শব্দও নকলে। বহুত আনন্দ কৰিলে হেনো বিঘিনী ঘটে। সেয়াই আছিল ৰাজীৱ আৰু ৰাগিনীৰ শেষ নৈশ বাছ যাত্ৰা। 
টেলিভিচনৰ আটাইকেইটা নিউজ চেনেলতে  অহৰহ দেখুৱাই আছে এটা খবৰ। দিল্লীত নিশা বাছত  এগৰাকী গাভৰু ছোৱালীক ধৰ্ষন কৰি হত্যাৰ চেষ্টা। মুমূর্ষু অৱস্থাত ছোৱালীজনী উদ্ধাৰ কৰা হয়। নিউজটো দেখি তাইৰ নিজৰ লগত হোৱা ঘটনাটো পুনৰ মনত সজীৱ হৈ গাটো শিয়ৰি উঠিল আৰু কঁপি উঠিল মন, চকুত ভাঁহি উঠিল গ্লাচৰ সিফালে টনাটনি কৰি থকা কেবাখনো হাত।

পৃষ্ঠাঃ ৪৬
নমস্কাৰ, মই কজলা দমৰাই কৈছোঁ...

নিৰুপমা ডেকা

বৰপথাৰত এখন বৃহৎ সভাৰ আয়োজন হৈছে ৷ হাজাৰ হাজাৰ গৰুৱে তাত ভাগ লৈছে ৷ চেউৰী আৰু গাই গৰুবোৰেও সমৰ্থন দি তাত উপস্থিত হৈছে ৷ কাৰণ তেওঁলোকো নিজৰ মুক্ত স্বাধীন জীৱনৰ পৰা বঞ্চিত হৈছে ৷ মানুহে উৎপাদন আৰু ব্যৱসায়েৰে লাভৱান হোৱাৰ কথা ঠিকেই ভাবিছে আৰু গাই গৰুৰ ৰক্ষাৰ প্ৰতি বহু আঁচনি লৈছে ৷ কিন্তু সেইবোৰ গাই গৰুবোৰৰ হিতৰ বাবে নে মানুহৰ স্বাৰ্থ সম্বলিত হিতৰ বাবে ? প্ৰশ্ন তাতেই ৷ শৰীৰে বিচৰা প্ৰজননকো মানুহে ৰখাই বেজীৰে শৰীৰৰ উত্তাপ কমাবলৈ ব্যৱস্থা কৰিছে ৷ প্ৰাকৃতিক সন্তান ধাৰণ কৰা সুখকৰ পদ্ধতিৰ পৰা গাইবোৰকো বঞ্চিত কৰিছে ৷ গাই গৰুৰ জীৱন গোহালিৰ চাৰিবেৰত সীমাবদ্ধ কৰি প্ৰাকৃতিক স্বাধীনতাৰ পৰা বঞ্চিত কৰিছে ৷ এনে কিছু কথা অবতাৰণা কৰি গাই গৰু সন্থাৰ সম্পাদিকা বগা চেউৰীয়ে প্ৰথমতে সভাত নিজৰ বক্তব্য আগবঢ়ালে ৷ তাৰ পিছতে এই গোটেই সভাৰ আয়োজক আৰু মুক্তিকামী দলৰ সম্পাদক কজলা দমৰাই নিজৰ উদাত্ত হেম্বেলনিৰে সভা কঁকাই ভাষণ আৰম্ভ কৰিলে ৷ কাৰণ এতিয়া আৰু মুখ বন্ধ কৰি শান্তিৰ কামনা কৰাৰ সময় নহয় ৷ এতিয়া মাত মতাৰ সময়, প্ৰতিবাদৰ সময় ৷ 

“ নমস্কাৰ, মই কজলা দমৰাই কৈছোঁ ৷ আমাৰ বিৰোধ চেউৰী বা গাই গৰুৰ বিৰুদ্ধে নহয়, আমাৰ বিৰোধ বৰ্তমান আমাৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে ৷ শ্ৰদ্ধাৰ গো-মাতা সকল আপোনালোকক আমিও বহু সন্মান আৰু শ্ৰদ্ধা কৰোঁ ৷ আপোনালোক মাতৃ, পৃথিৱীৰ আটাইতকৈ বেছি শ্ৰদ্ধাৰ মাতৃজাতি ৷ কিন্তু মানুহে আমাৰ জীৱন মূল্যহীন কৰাৰ যি আয়োজন কৰিছে তাতেহে আমি ক্ষোভিত ৷ শুনক সকলো মানুহে, আজি আপোনালোকৰ ওচৰত কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি মই মোৰ এই বক্তব্য আগবঢ়াইছোঁ ৷ আপোনালোক মানুহ ৷ পৃথিৱীৰ জীৱশ্ৰেষ্ঠ প্ৰাণী ৷ অথচ আপোনালোকে কিছুমান এনে সিদ্ধান্ত লয় যে আমাৰ দৰে মুখ খুলি মাতিব নজনা জীৱবোৰে কি অনুভৱ কৰিব পাৰে বা আমাৰ জীৱন কি ধৰণে ক্ষতিগ্ৰস্ত হ’ব পাৰে এনে সিদ্ধান্তত এবাৰলৈ বিবেচনা নক’ৰে ৷ আজি মই ক’বলৈ লোৱা কথাবোৰৰ এটা সমাধান আমাক সোনকালে লাগে নহ’লে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ম ৷ মনত ৰাখিব আমাৰ শক্তিয়ে মাটিৰ বুকু ফালি  উৰ্বৰা কৰিব পাৰে পথাৰ, গতিকে এই শক্তিৰ শান্ত ৰূপটোৰ বিপৰীত ব্যৱহাৰ কৰিব লগীয়া হ’লে মানুহৰ কি গতি হ’ব ! 

   মানি ল’লোঁ এইখন সমাজত গো-মাতাক পূজা কৰা হয়, কাৰণ গাই গৰুৱে সমাজক বা মানুহক বহুত কিবাকিবি দি আহিছে আৰু শ্ৰীকৃষ্ণৰ লগত থাকি ই ভগৱানৰ আশীৰ্বাদত ভগৱান তুল্য হৈ পৰিছে ৷ এতিয়া ভাবক সেই একেই গৰু প্ৰজাতিৰ বলধ বা দমৰাবোৰৰ মানৱ সমাজত স্থান কি ? এজনী চেউৰীৰ জন্মই মানুহক কিমান যে আনন্দ দিয়ে কিন্তু এটা দমৰাৰ জন্মই সেইটো সুখ নিদিয়ে ৷ অৱশ্যে মানুহৰ সমাজত ইয়াৰ বিপৰীত কাৰণ আপোনালোকৰ পুত্ৰ সন্তানৰ জন্মই সাৰ্থকতা দিয়ে আৰু কন্যা সন্তানে দিয়ে বোজা লাভৰ অনুভৱ ৷ এগৰাকী কন্যা গাই গৰুতকৈও মূল্যহীন নে ? আচৰিত আপোনালোকৰ এই মানৱ সমাজ ৷ 

   এতিয়া কিছু নিজৰ কথালৈ আহোঁ ৷ এটা সময়ত আমাৰ পূৰ্বজ সকলে দমৰা হৈ বলধ হোৱাৰ সময়কণত গৰ্ব অনুভৱ কৰিছিল ৷ কাৰণ তেতিয়া বলধবোৰে মানুহবোৰৰ খেতিকে ধৰি ব্যৱসায়ৰ বাবে গাড়ী টনা আদি নানা শক্তি প্ৰদৰ্শন কৰিব পৰা কামত ভাগ লৈ নিজৰ অস্তিত্ব আৰু শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰাৰ সুবিধা পাইছিল আৰু আমাক শক্তিশালী কৰি ৰাখিবলৈ মানুহে ভাল খাদ্য আৰু মৰম দুয়োটাই দিছিল ৷ ডাঙৰ হৈ অধিক শক্তিশালী আৰু কাৰ্যক্ষম কৰিবলৈ আমাক পুৰুষত্বহীন কৰি দিয়ে, তাকো হাঁহি হাঁহি আমি মানি লওঁ কিন্তু দুখৰ বিষয় প্ৰযুক্তিৰ উন্নতিৰ লগে লগে আমি অদৰ্কাৰী জন্তুৰ শাৰীলৈ আহিলোঁ ৷ ট্ৰেক্টৰ আৰু আন আন পথাৰৰ সঁজুলি আহি আমাৰ পথাৰৰ বীৰত্ব দেখুওৱা পথটো বন্ধ কৰিলে ৷ নুপুংসকৰ জীৱন আদৰিও প্ৰতিবাদ নকৰাকৈ থাকিলোঁ ৷ কাৰণ আপোনালোকে জানেই গৰু শান্ত প্ৰকৃতিৰ জীৱ ৷ কথাই কথাই মানুহৰ দৰে আমি আন্দোলনত নামি সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিব নোখোজোঁ ৷ গৃহস্থই আমাক স্বাস্থ্যৱান কৰি ৰখাত গুৰুত্ব দিয়ে কাৰণ আমাক বেছি কিছু মোটা টকা পাব পিছলৈ ৷ যিখিনি শাৰীৰিক সম্পৰ্ক কৰিব পৰাৰ সমৰ্থ হৈ থাকে, তেওঁলোককো নিষ্ঠুৰভাবে গাই গৰুৰ পৰা আঁতৰাই ৰাখে ৷ আমাৰ অন্তৰৰ সঁচা প্ৰেম আমি দিবলৈ অসমৰ্থ ৷ ভাবক প্ৰেমহীন জীৱন কিমান দুৰ্বিষহ ৷ মানুহবোৰেতো এনেকৈ প্ৰেমৰ পৰা বঞ্চিত হ’লে কিমান প্ৰতিবাদ কৰে আৰু কাকো নামানি নিজৰ মতে সংসাৰ আগবঢ়াই নিয়ে ৷ সেই মানুহকো সমাজে পিছত আদৰি লয় ৷ অথচ আমি পৃথিৱীৰ সকলো ঘৰচীয়া বা বনৰীয়া প্ৰাণীয়ে পোৱা সাধাৰণ স্বাধীনতাৰ পৰাও বঞ্চিত ৷ উন্নত প্ৰজাতিৰ আশাত গাইবোৰক বেজি দি গৰ্ভৱতী কৰা হয় ৷ প্ৰাকৃতিক মিলনৰ পৰা আমি বঞ্চিত ৷ মানুহৰ আত্মস্বাৰ্থত আমাক কেৱল জন্তু কৰি ৰখাতেই মানুহ ব্যস্ত থাকে ৷ আমাৰ সুবিধাৰ বাবে আইন-আদালত নাই, সকলো আইন মানুহৰ হকেহে ৷ হে মানৱ সমাজ এবাৰ আমাৰ মনৰ কথাও উপলব্ধিৰ চেষ্টা কৰক ৷ ভাবি চাওক মানুহৰ মানৱীয় প্ৰমূল্যবোধৰ অলপ হেৰফেৰ হ’লেই আৰম্ভ হয় প্ৰতিবাদৰ মহাসংগ্ৰাম ৷ অথচ আমি প্ৰতিটো পদক্ষেপতে স্বাধীনতাহীনতাত ভোগাৰ পিছতো আমাৰ হকে মাত মতা কোনো নাই ৷ যি দুই এজনে মাত মাতে বা মাতিছে, সেইসকলক বলেৰে অবদমিত কৰি পেলায় । আমাৰ হিতৰ বাবে কোনেও একো নকৰে, ঠিক আছে নকৰকেই বাৰু তাকো মানি ল’লোঁ। এনেদৰেই মানুহৰ সকলো কথা মানি লৈয়ে চলি গ’লোঁ হেঁতেন মুখেৰে নমতাকৈ মাত্ৰ এটা আশাত যে অলাগতিয়াল বুলি আমাক বেছি দিলে আমাৰ শৰীৰৰ মাংসই অন্তত আনক তৃপ্তি দিব ৷ মানুহৰ সুখেই আমাৰ সুখ বুলি মৃত্যুতেই যেনিবা সুখ বিচাৰি ল’লোঁ হেঁতেন ৷ এনেকৈয়ে বাৰু জীৱন ত্যাগকে কৰিলোঁ হেঁতেন মানৱ সমাজৰ কল্যাণৰ বাবে ৷ আমাৰ জীৱন অন্ততঃ কিবা এটাৰ বাবেতো যোগ্য হৈ আছে এই অনুভৱতে আমি সুখী হৈ থাকিলোঁ হেঁতেন ৷ পিছে এতিয়া তাৰো মুধা মৰিব ওলাইছে ৷

   কিন্তু বৰ্তমানে আমাৰ অসমত গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থানৰ দৰে গো-সুৰক্ষা আইন বলবৎ কৰিবলৈ ওলাইছে আৰু এই আইনখনত আমাৰ প্ৰজাতিৰ দমৰা, বলধৰ অস্তিত্ব ধ্বংসৰ আয়োজন পুৰামাত্ৰাই হৈছে ৷ গাইৰ গৰ্ভত কেৱল চেউৰী জন্ম পোৱাৰ ব্যৱস্থা হ’ব, অৰ্থাৎ এসময়ত আমি বিলুপ্ত হ’ম ৷ এতিয়া আতাইতকৈ বিপদগ্ৰস্ত হ’লোঁ আমি ৷ এই কথা কিয় কৈছোঁ শুনক

    গো মাংস বন্ধ কৰাৰ লগে লগে আমাৰ মূল্য একেবাৰে শূন্য ৷ বজাৰত থকা আমাৰ আদৰ শেষ ৷ টকা পোৱাৰ আশা নাথাকিলে গৃহস্থৰ দৃষ্টিত আমি আৰু মূল্যহীন হৈ পৰিম ৷ আমাৰ মৃত্যুলৈ আমাক পোহপাল দিব লগীয়া হ’লে গৃহস্থৰ আৰ্থিক ক্ষতিত বাদে একো লাভ নহয় ৷ তেতিয়া আমাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলিব ৷ গৃহস্থই ভালদৰে খাবলৈ নিদিব, আনৰ বাৰীত সোমাই কিবা খালেও পিঠিৰ ছাল চিগিব ৷ আমাক এৰি দি বাটে পথে থাকিবলৈ দিলেও মানুহৰ আমি অপকাৰ কৰিব লগীয়া হ’ব ৷ খাদ্য বিচাৰি, পথাৰ আৰু বাৰী লুটি আমি ডকাইতৰ শাৰীলৈ যাম ৷ অসমত আন আন প্ৰদেশৰ দৰে গোচালা নাই য’ত আমাক সুৰক্ষিত ভাবে ৰাখিব পাৰিব ৷ সেইবোৰ কৰালৈ আমাৰ অৱস্থা পানীত হাঁহ নচৰা হ’ব ৷  ইয়াতকৈও ডাঙৰ বিপদ এটা হ’ব যেতিয়া গৃহস্থই আমাক ঘৰৰ পৰা খেদি দিব আমি মৰিলে আমাৰ মৰাশ বোৰ য’তে-ত’তে পৰি ৰ’ব আৰু ই পৰিৱেশ দূষিত কৰিব দুৰ্গন্ধত ৷ আগতে আমাৰ মৰাশ শগুণে ভক্ষণ কৰি প্ৰকৃতিৰ চাফাই কৰ্মী ৰূপে কাম কৰি আছিল ৷ এতিয়া বাসস্থান আৰু গৰুৰ শৰীৰত প্ৰয়োগ কৰা ঔষধৰ বাবে শগুণো মৰি বিপন্ন প্ৰাণীৰ শাৰীলৈ গ’ল ৷ যিখিনি আছে সেইখিনি সংৰক্ষিত ঠাইত আছে । এনেবোৰ কাৰ্যই আমাক সকলো দিশৰ পৰা চেপি ধৰিছে । সেয়ে আমাৰ এটা বৃহৎ আন্দোলনৰ প্ৰয়োজন হৈছে । 

  সেয়ে হে মহান মানৱ সমাজ, দমৰা হৈ জন্ম লভি ভৱিষ্যতৰ যি জটিল জীৱনৰ ছবি এখন দেখি আমাৰ বুকু কঁপি উঠিছে, তাকে লক্ষ্য কৰি দৰদী মানুবোৰে আমাৰ বাবেও কিবা এটা কৰক ৷ আমাৰ জীৱনক বিলুপ্ত কৰাৰ পৰা বচাওক ৷ এয়া আমাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন, আমাক সমৰ্থন কৰক ৷ আমাকো পৃথিৱীৰ সুখ ল’বলৈ দিয়ক ৷ আমিও পাৰোঁ অন্যায় আৰু বলেৰে আপোনালোকৰ জীৱনত অনিষ্ট কৰিব ৷ কিন্তু আমি ইমান নিষ্ঠুৰ হ’ব নোৱাৰোঁ ৷ গাই গৰুৰ দৰে ভগৱানৰ স্থান আমাক নালাগে ৷ আমি স্বধৰ্মেৰে জীয়াই থাকিব পাৰিলেই সুখী ৷ সেয়ে হে মানৱ সমাজ আমাৰ কাতৰ অনুৰোধ আমাক দয়া কৰি আমাৰ হকে মাত মাতক ৷ কাৰণ কেইটামান কথা মন কৰিব

   যদি সঁচা অৰ্থত দুগ্ধ আৰু কৃষিৰ বাবে আইনখন আনে তেতিয়া বলধো লাগিব ৷ বিশেষকৈ দুখীয়া গোপালক সকলৰ বিপদ কুলাই পাচিয়ে নধৰা হ’ব ৷ উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ আদি ৰাজ্যত গো-হত্যা আইন মতে দণ্ডনীয় ৷ ফলত বাটে-পথে অলাগতিয়াল হৈ পৰা গৰুবোৰ ঘূৰি ফুৰে যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথতে বহু দুৰ্ঘটনাত লিপ্ত হৈ গৰু মানুহ উভয়ে মৰি আছে ৷ পৰ্যাপ্ত পৰিমানে গোচালাও গঢ় লৈ উঠা নাই আৰু যিখিনি আছে তাৰ তুলনাত গৃহহীন গৰু বেছি ৷ গোচালাতো গৰু ৰখাত বহুত খৰচ ৷ খাদ্য, দৰৱ আদিয়ে উপাৰ্জনহীন গৰুবোৰক পোহপাল দিওঁতে চৰকাৰে অনৰ্থক বহু টকা খৰচ কৰিব লাগিব ৷ 

    গতিকে আমাক আগৰ দৰে কোনো আইনৰ বান্ধোনত নাবান্ধি মুক্ত হৈ জীয়াবলৈ দিয়ক আৰু আপোনালোকো আমাৰ দ্বাৰা লাভৱান হওক এয়াই আমাৰ কামনা ৷
ধন্যবাদ আৰু সেৱাৰে সামৰণি মাৰিলোঁ ৷ আমাক সেৱা নালাগে, আমাক আপোনালোকৰ সেৱাৰ সুযোগহে লাগে ৷”

   বক্তব্যৰ শেষত কজলা দমৰাৰ মাত দুখত কঁপি উঠিছিল ।

    কোনে শুনিব এই আহ্বান, হৃদয় চুব নে কাৰোবাৰ এই আহ্বানে ? এই প্ৰশ্ন মনত লৈয়ে সভাৰ বয়োজ্যেষ্ঠ আৰু বহু অভিজ্ঞ বুঢ়া হালোৱাই সভা ভঙ্গ ঘোষণা কৰিবলৈ ওলাই একালত নিজৰ বীৰত্বৰ কথা সোঁৱৰী, নিজে পথাৰ আৰু ঘৰত গৃহস্থক কৰা সহায়ৰ উদাহৰণ দি, গৃহস্থৰ চকুৰ মণি হৈ পাৰ কৰা দিনৰ কথাবোৰ কৈ আৰু বহু সন্তানৰ গৰ্বিত পিতৃ হোৱাৰ কাহিনী কৈ দুখৰ এটা
হুমুনিয়াহেৰে সভা ভঙ্গ ঘোষণা কৰিলে আৰু বৰ্তমান নিজে সন্মুখীন হোৱা সমস্যাটোক লৈ চিন্তিত হৈ ঘৰলৈ খোজ ল’লে ৷

পৃষ্ঠা ৪৭
প্ৰুফ

দীপজ্যোতি দাস
নলবাৰী
মো-৮৮২২৬৪১৫৪৭

অমিতৰ কথা শুনি তাৰ কলেজীয়া দিনৰ শিক্ষা গুৰু হৰেন্দ্ৰ মালাকৰ কিছুসময় স্তম্ভিত হৈ থাকিল ৷ কি ক’ব কি নক’ব হৈ মনে মনে ৰ’ল ৷ সকলো দিশতে নাম থকা ছাত্ৰ আছিল অমিত ৷ শিক্ষকসকলে তাক লৈ গৌৰৱ কৰিছিল ৷ আজি বহু বছৰ পাছত অধ্যাপক মালাকৰে তাক লগ পাইছে ৷ অমিতলৈ অধ্যাপক মালাকৰৰ বেয়া লাগিছে ৷ অমিত আগৰ অমিত হৈ থকা নাই ৷ আন শিক্ষকেও কেতিয়াবা অমিতক লগ পায় ৷ তেখেতসকলেও ভাবে অমিত আগৰ অমিত হৈ থকা নাই ৷ কলেজীয়া দিনত প্ৰথম লগ পাওঁতে যেনে আছিল কলেজ এৰা পৰলৈ তাৰ শৰীৰৰ উজ্জ্বলতা নোহোৱা হৈ আহিছিল ৷ নিজে কি কৰি থাকে গমকে নোপোৱাৰ দৰে ৷ অধ্যাপকসকলে ভাবে পঢ়াশুনাৰ চাপত পৰি অমিতৰ তেনে হৈছে ৷ দুখীয়া ঘৰৰ ল’ৰা ৷ নিজে কষ্ট কৰি পঢ়াশুনা কৰা ল’ৰা ৷ ৰিজাল্ট যেনে হ’ব লাগে বাৰে বাৰে মুখ্য পৰীক্ষাত তেনে নহ’য় ৷ তথাপি  বিশ্ববিদ্যালয়ত আসন পোৱাকৈ উত্তীৰ্ণ হয় ৷ আসন পাই উত্তীৰ্ণ হয় ৷ বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত পাছ হয় ৷ কিন্তু ফলাফল অমিতৰ মেট্ৰিকৰ ফলাফলতকৈ লাহে লাহে আনকেইটা পৰীক্ষাত কমি গৈ থাকিল ৷ আন হোৱা হেঁতেন ফেইল হ’লহেতেন ৷ একমাত্ৰ একাগ্ৰতাতাই তাক শিক্ষাকণ দিলে ৷ কেতিয়াবা ভাগি পৰে ৷ আকৌ জাগি উঠে ৷ নাই পঢ়া এৰিব নোৱাৰি ৷ তাৰ মগজে কেতিয়াবা একো কাম নিদিয়ে ৷ কিহবাই যেন মূৰটোত জোৰকৈ খামুচি ধৰি  থাকে৷ পাতল কৰি তোলে মূৰটো৷ মগজুৰ ভিতৰখনত যেন একো নোহোৱা হৈ গৈ আছে ৷ কথাবোৰ গভীৰ ভাবে ভাবিবলৈ চিন্তা কৰিবলৈ শক্তি নাই৷ হাজাৰ বাৰ একেটি কথা পঢ়ি থাকিলেও মনত নৰয়৷ মূৰটো পাতল পাতল লাগি থাকে৷ একো কৰিবলৈ মন নাযায়৷ পঢ়াশুনাত মন নব'হে৷ খাবলৈ মন নাযায়৷ শুকাই খীণাই অৱস্থা নাই৷ লগৰবোৰৰ বেছি ভাগেই বেয়া চৰিত্ৰ গ্ৰহণ কৰি এনে হোৱা বুলি ইতিকিং কৰে৷ দুই এজনে ডাক্তৰক দেখুৱাবলৈ দিয়ে৷ অমিতে দেখুৱায়৷ অমিতে মদ চিগাৰেট খাই নে প্ৰথমে ডাক্তৰে জানিবলৈ বিচাৰে৷ অমিতে একো নাখায় বুলি কয়৷ একো নাখালে নোখোৱা বুলিয়ে ক’ব লাগিব৷ ডাক্তৰে কিবা কিবি টেষ্ট কৰাবলৈ দিয়ে৷ অমিতে কৰে৷ একো বেমাৰ নাপায়৷ একো হোৱা  নাই বুলি কয়৷ ভিটামিনকিটামান লিখি দিয়ে৷ কোনো টেষ্টতে একো ধৰা নিদিয়ে তেন্তে হৈছে কি ? ঘৰৰ মানুহে তাৰ কথাত কোনো দিনে মন নিদিলে৷ কিয় জানো৷ অমিতে কথাটো কোনোদিনে গম নাপালে৷ তাক তেনে কৰিবলগা ল’ৰা নহয়৷ মাক বাপেকে ভালদৰে জানে তাক৷ মাক বাপেকক সি সন্মান কৰে৷ মৰম কৰে৷ শ্ৰদ্ধা কৰে৷ অমিতে ভাবে হয়তো মাক বাপেকে তাক কি মন দিব৷ ইমানকিজন ল’ৰা ছোৱালীক পঢ়ুৱাইছে৷ খৰচ দিব লাগে৷ কষ্ট কৰিয়েতো দিছে৷ দেউতাকে সৰু দোকানখন চলাই পঢ়ুৱাইছে যে তাতে আৰু এটা কথা বাকীকেইজনৰ যে তেনে হোৱা নাই তাৰ হে হ’ব পালেনে৷ মাকে কয় কিবা কষ্ট পালে সি৷ আনে ৰান্ধি দিয়ে৷ আনে বাঢ়ি দিয়ে৷ ককায়েকহঁতকতো কোনেও দিয়া নাই৷  সিহঁতে তাৰ দৰে হোষ্টেলত থাকি পঢ়া নাই৷ ঘৰতে থাকি পঢ়িছে৷ ঘৰৰ কাম বন কৰিবলগীয়াও হৈছে৷ ককায়েকহঁতৰ দৰে সি এইবোৰত পৰা নাই৷ মাথোঁ খাব লাগে পঢ়িব লাগে৷ মাকৰ মন্তব্য শুনি অমিতে কোনো দিনে তাৰ কথা আৰু নক’লে৷ তেনেদৰে পঢ়ি মহাবিদ্যালয় বিশ্ববিদ্যালয় এৰিলে৷ বিশ্ববিদ্যালয়ৰপৰা ওলাইয়ে অমিতে কোম্পানীৰ চাকৰিত সোমাল৷ স্মৃতিশক্তিৰ দুৰ্বলতাৰ বাবে কথা শুনিবলগীয়া হৈ কাম বাদ দিলে৷ তাৰ পাছত এটি এটিকৈ বহুকেইটা কামত হাত দিলে৷ এটাটো সফল নহ’ল৷ বৰ্তমান এখন সাপ্তাহিক বাতৰি কাকতত প্ৰুফৰিডাৰৰ কাম কৰি আছে৷  ইন্টাৰনেটৰ দিনত কোনে কেইখন বাতৰি কাকত কিনি পঢ়ে ৷ আঠ দহ টকা খৰচ কৰি বাতৰি কাকত এখন কিনিবলৈ এইখন ৰাজ্যত বহুতে টান পায়৷ ঘৰত টিভি আছে৷ নিউজ চায়৷ হাতে হাতে মোবাইল আছে৷ নিউজ চাব পাৰি৷ বাতৰি পঢ়িব পাৰি৷ বাতৰি কাকতত  কাম কৰি কোনে কিমান টকা পায়৷ কাম ভাল৷ ফল পুতৌ লগা৷ সাহিত্য সংস্কৃতিৰ প্ৰতি ৰাপ থাকিলেই সকলো কথা নহয়৷ নিজৰ কামত অমিত নিজে কৃতজ্ঞ নহয়৷ কি হ’ব লাগিছিল৷ হৈ আছে কি৷ বহু বছৰ মূৰত মালাকৰ ছাৰে অমিতক লগ পাই চিনি নোপোৱাৰ দৰেই হ’ল৷ বয়সীয়াল মানুহৰ দৰে লগা হৈছে অমিতক৷ দাড়ি চুলি পকিছে৷ বিয়া বাৰু হোৱা নাই৷ নিজে কোনোমতে চলি আছে৷ অমিত বাহ্যিকভাবে আগৰজন হৈ থকা নাই৷ অৱশ্যে আচাৰ ব্যৱহাৰৰ পৰিবৰ্তন ঘটা নাই৷ সিটো চৰিত্ৰই মালাকৰ ছাৰক অন্তৰত আঘাত হানিলে৷ ইমান শান্ত নিৰ্মল ছাত্ৰ এজনৰ এনে বিপৰ্যয় ভাল লাগে নে৷ অমিতে মালাকৰ ছাৰৰ খবৰ ল’লে৷ নিজৰ কথা ক’লে৷ তাৰ অন্তৰত দুখ নাই৷ কিন্তু এটা কথা হ’লে ক’লে কিয় জানো তাৰ জীৱনটো যুঁজতে গ’ল৷ ইমানবোৰ বাধা লৈ মানুহে জন্ম লয় বুলি আনক দেখা পালে কথাটো সঁচা যেন নালাগে৷ তাৰ কথা শুনি মালাকৰ ছাৰে তাক আৰু একো নক’লে৷ পাৰিলে কিবা এটা ভাল কামত সোমাবলৈ দি তাৰপৰা বিদাই লৈ গ’লগৈ৷ অমিতৰ প্ৰতি অকল মহাবিদ্যালয়ৰ অধ্যাপকৰে নহয় প্ৰাথমিক, মাধ্যমিক, হাইস্কুলত তাক পঢ়োৱা  শিক্ষক শিক্ষয়িত্ৰীৰো মালাকৰৰ দৰে মনোভাৱ হয়৷ 
    বিফলতা মানুহে নিজে নিজৰ জীৱনলৈ আনিব কোনে বিচাৰে৷ সঁচাকৈ জন্মতে ভগৱানে বান্ধি দিয়ে নে বিফলতা৷ ভগৱানে সকলোকে সফলতা দি ভালপায়৷ মাথোঁ তেওঁ এটি কথা চাবলৈ সফলতাক আওপকীয়া কৰি ৰাখে৷ মানুহে নিজৰ জীৱন নিজে গঢ়িবলৈ বিচাৰি লোৱা বাটৰ জালত তেওঁ ৰচনা কৰা সংসাৰখন চাই আকৃষ্ট হয়৷ এয়াই আৱিস্কাৰ৷ এনেদৰে একোখন উপখ্যান গঢ় লৈ উঠে৷ এনেদৰে একোজন বিশেষ ব্যক্তি উত্তৰপুৰুষৰ বাবে প্ৰেৰণা হয়৷ কিন্তু বাৰম্বাৰ কিয় বিফলতাই অমিতক আমনি কৰিছে সি গম নাপায়৷ সি হাৰি যোৱা নাই৷ হাৰি নাযায়৷ তাৰ নিজকে বেয়া লাগে এটা কাৰণত৷ সামাজিক ভাবে সি মানুহৰপৰা নিলগ হৈ যাব লগা হয় কিয় ? প্ৰথম লগ পোৱা দুদিনমানলৈ সি ভাল ব্যৱহাৰকে পায়৷ পাছত মানুহবোৰ তাৰপৰা আঁতৰি যায়৷ তাৰ সৎ ব্যৱহাৰত মানুহে সুবিধা লয়৷ এনে পৰিবেশ তাৰ অলক্ষিতে হয়৷ কৰ্মক্ষেত্ৰখনতো একে হৈছে৷ এনেদৰে সি বহু কাম হাতত ল’লে৷ বহুকাম এৰিলে৷ কোনো কামতে সাৰ্থকতা নাই৷ কোনো কামতে সঁহাৰি নাই৷ মানুহ অবিহনে জানো কিবা কাম হয়৷ ডাঙৰ কাম হাতত ল’লে তাতো মানুহ লাগে৷ কাম চলাবলৈ মানুহ লাগে৷ তাৰ লগে লগে টকা পইচা লাগে৷ কি কৰিব অমিতে৷ এতিয়া বাতৰিকাকততে দিনটো ব্যস্ত হৈ যিকেইটা টকা পাইছে তাৰে চলিছে৷ বাতৰিকাকতবোৰলৈ প্ৰকাশৰ বাবে লিখি পঠোৱা লিখনিবোৰৰ প্ৰুফ চোৱা তাৰ কাম৷ কিমান লিখনি আহিল৷ কত লিখনিৰ সি প্ৰুফ চালে৷ কত লিখনি প্ৰকাশ কৰা হ’ল৷ কেতিয়াবা কৰবাত এটা লিখনি আহে যিটো পঢ়িবলৈ লোৱাৰ পাছত তাক বহি থাকিবলৈ বাধ্য কৰাইছে৷ বেছি ভাগ লিখনিয়ে তাক কৰ্মৰ কথা সোঁৱৰাই হে বহাই ৰাখিছে৷ বানানবোৰ ঠিক কৰি থ’ব পাৰিলে হ’ল৷ জীৱনটোক অলপ শান্তি দিবলৈ সুপাঠ্যৰ যেন বাৰুকৈ অভাৱ হৈছে৷ একঘেয়ামি লেখা৷ জীৱনৰ কথা হয়তো আগৰ লিখকে লিখি অঁতাইছে৷ বৰ্তমানৰ পৰিবেশত ডাঙৰ দীঘল হৈ লিখক হোৱাসকলে অন্য কিহবাৰ অনুসন্ধান কৰিছে৷ কিহৰ অনুসন্ধান৷ সঠিক চিন্তাধাৰাৰ প্ৰুফ নথকা লিখনিৰ প্ৰুফ চাই প্ৰকাশলৈ আগবঢ়াই দিয়া কৰ্মক লৈ অমিত সাৰ্থক বুলি ক’বলৈ তাৰ কোনো প্ৰুফ নাই৷ হয়তো এনেদৰে সমাজ চলিবলৈ লৈছে৷ কোনো প্ৰুফ নথকা কাৰ্যৰ পিছে পিছে বৰ্তমানৰ মানুহ দৌৰি ফুৰে৷ কোনো বিচাৰ বিবেচনা নাই৷ বিচাৰ বিবেচনাৰ অধীন হৈ যিয়ে চলিছে সি দেখো পথভ্ৰষ্ট হৈছে৷ হয়তো মানুহৰ অন্তৰ জয় কৰাৰ কৌশলৰ পৰিবৰ্তন ঘটিছে৷ যিবোৰ কলাৰ অধিকাৰী হৈ মানুহ মহান হৈছিল সেই কলাৰ অধিকাৰী হ’বলৈ এতিয়া কোনো সক্ষম নহয়৷ আৰু যদি তেনে কোনোবা জন্ম পাইছেও তেনেজন লোকে সমাজত অন্ধকাৰ দেখিছে৷ বৰ্তমানত কলাৰ সুত্ৰ বেলেগ৷ বৰ্তমানত কলাৰ প্ৰকাৰ বেলেগ৷ এনে বেলেগ প্ৰকাৰৰ কলাৰ অধিকাৰীসকলে সমাজত বিখ্যাত হৈ জয় ঢোল বজাইছে৷ তেওঁলোকৰ পাছত জনসাধাৰণৰ লানি লাগিছে৷ তেওঁলোকৰ গুণগান কৰিছে৷ কাৰণ আন একো নহয়৷ যিসকলে তেওঁলোকৰ গুণগানত পঞ্চমুখ তেওঁলোকে জানে এনেবোৰ মানুহ যদি সমাজৰ আগধৰা হয় তেওঁলোকও সুন্দৰ ভাবে চলিব পাৰিব৷ চৰিত্ৰ একে হ’লে সংস্কাৰৰ কিতো প্ৰয়োজন৷ সংস্কাৰবিহীন সমাজ এখনে সংস্কৃতজনৰ কৰিব নোৱাৰে কি ? অমিতৰো তেনেকুৱাই হৈছে৷ সি জানে তাৰ কৰ্মৰ ধৰণ কৰণে তাক একো নিদিয়ে৷ দিয়া নাই৷ ছাৰসকলে সেই সময়ত একে ধৰণেৰে আগবাঢ়িছিল৷ তেখেতসকলে বিচৰাখিনি পাইছিল৷ এতিয়া সেই ধৰণ কৰণ নাই৷ ছাৰসকলে জানে৷ কিন্তু তেখেতসকলে নভবাকৈ থাকিব নোৱাৰে ভাল ছাত্ৰছাত্ৰীসকলৰ মাজতো দুই এজন কিয় উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে কিয় ? আৰু কিছুমান ছাত্ৰছাত্ৰী যিসকল কোনোকালে কোনো দিশতে ভাল নাছিল তেওঁলোকৰ পাছলৈ উন্নতি মাথোঁঁ উন্নতি কেনেদৰে ? অধ্যাৱসায় ? হয় জানো ? বাটত দেখা পালে যি ছাত্ৰছাত্ৰীয়ে পঢ়াকালত মুখ লুকাইছিল সেই একেসকল ছাত্ৰছাত্ৰীয়ে পাছলৈ নিজে আগবাঢ়ি আহি শিক্ষক শিক্ষয়িত্ৰীক মিঠা মিঠা হাঁহিৰে নিজৰ প্ৰগতিৰ কথা কয়৷ তেখেতসকল সিহঁতকলৈ গৌৰৱত উঠলি নিশ্চয়কৈ নুঠে৷ অজানিতে ভিন্ন ৰহস্যৰ সন্মুখীন হৈ "ঠিকে আছে দিয়া" বুলি অস্পষ্টকৈ উচ্চাৰণ কৰি এখোজ দুখোজ কৈ আঁতৰি যায়৷ শিক্ষক শিক্ষয়িত্ৰীতকৈ আন কোনে ভালদৰে জানে ছাত্ৰছাত্ৰীৰ কথা৷ 
     সময়বোৰ গৈ আছে৷ অমিতৰ জীৱনৰ সময় এনেদৰে গৈ আছে৷ কেৱল তাৰে নে ? তাৰ দৰে আৰু  বহুতৰে গৈ আছে৷ গৈছিল৷ গৈ থাকিব৷ জীৱনৰ অৰ্থ কি ভালদৰে বুজিবলৈ সিহঁতে আৰু বা কিমান দিনলৈ অধীৰ হৈ ৰৈ থাকিব লাগিব৷ এটি আশাসুধিয়া জীৱন লাভৰ বাবে সিহঁতে কৰিব লাগিবই বা কি ? হয়তো শিক্ষক শিক্ষয়িত্ৰীৰ দৃষ্টিত সিহঁত কৰুণ চৰিত্ৰ হৈ ৰ’ব৷ হয়তো কিছুমানৰ মাক বাপেকে জীয়াই থকাকেইদিন সিহঁতক লৈ দুখ কৰিব৷ কিয় বা ল’ৰা ছোৱালীৰ এনে হ’ল ?   আৰু হয়তো সমাজৰ কোনোবা দুই এজনে সিহঁতৰ গুণগান কৰি হুমুনিয়াহ কাঢ়িব৷ তাৰ বাদে আনে গুণগান কৰিবলৈ দুখ কৰিবলৈ সহানুভূতি দেখুৱাবলৈ দৰকাৰেই বা কি৷ দুখ থকা হ’লে সহৃদয়তা থকা হ’লে অমিতৰ জীৱন মূল্যহীন হ’লহেতেন জানো৷ পিছে সিহঁতৰে কৰোবাক দোষাৰোপ কৰিবলৈ প্ৰুফেই বা ক’ত ?


পৃষ্ঠা ৪৮
আৰ্ট গেলাৰীঃ


মিতালী দেৱী
দশম শ্ৰেণী
বাৰবাৰী হাইস্কুল
কাৰদৈতলা
ফোনঃ 995770816

নাং মৌকুঁহি গগৈ
ক্লাছ 2
ডনবস্ক হাইস্কুল স্কুল
লিচুবাৰী

হৃদয় ঘোষ
ক্লাছ 6
হ'লী হায়াৰ ছেকণ্ডৰী স্কুল


দিব্যাক্ষী কাশ্যপ 
সোমেৰমল পাব্লিক স্কুল
জনকপুৰী , নতুন দিল্লী


শৃঞ্জয় দাস
দেশভক্ত তৰুণৰাম ফুকন চৰকাৰী মধ্য ইংৰাজী বিদ্যালয় 
শিলচৰ , কাছাৰ


প্রিয়জিৎ ডেকা
দেশভক্ত তৰুণৰাম ফুকন চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়
শিলচৰ , কাছাৰ

পৃষ্ঠা ৪৯
শেষ পৃষ্ঠাৰ লেখাঃ

দৃষ্টিপাত ২ঃ চিন্তা

মঞ্জিত হাজৰিকা
সহ সম্পাদক, অঙ্গন

চিন্তা মানে আমাৰ মগজুৰে কৰা অপাৰ ধাৰণা বা ধাৰণাবিন্যাসকে বুজায়। যদিও চিন্তা কৰাটো আমাৰ এটি অপৰিহাৰ্য কাৰ্যকলাপ তথাপি ইয়াক এটা সংজ্ঞাতে বুজাৰ কোনো ঐক্য মত নাই। এইটো ধ্ৰুৱ সত্য যে চিন্তাৰ ফলতেই মানুহে তাহানিৰ বৰ্বৰতা ত্যাগ কৰি সভ্যতাৰ দিশত খোজ কাঢ়িছিল আৰু এই চিন্তাৰে ফচল আজিৰ আধুনিক পৃথিৱী। আমি অতীতৰ পৰা বহু দূৰ আগুৱাই আহিলো। নগ্ন আৰু বৰ্বৰ জাতিৰ পৰা আমি বস্ত্ৰধাৰী, শিক্ষিত সভ্য মানুহ হ'লো। চিন্তাৰ ফলস্বৰূপে বিজ্ঞানে জীৱন ধাৰণৰ ন ন আহিলা দিলে। আমাৰ জীৱন সহজ হ'ল। পৃথিৱীৰ পৰিসৰ ঠেক হৈ আহিল। আঙুলিৰ টিপতেই সম্মুখত পাব পৰা হ'লো সাত সাগৰ তেৰ নদীৰ সিপাৰৰ সমাজ। আমি ইমান উন্নতি কৰিলো যে এতিয়া আমি আকাশখনকো আমাৰ বুলি ভাবিব পৰা হৈছোঁ লাহে লাহে। তাহানিৰ দেৱতাবোৰ এটি এটি গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ, ভূখণ্ড হৈ পৰিল। মানৱ শৰীৰৰ অংগবোৰ যেন বাইকৰ এটি এটি পাৰ্টচ হৈ পৰিল। অকমণ্য হ'লেই আঁতৰাই লগাই ল'ব পাৰি নতুন পাৰ্টচ। কেতিয়াবা ভাবো ইমান উন্নতি কৰাৰ পিছতো আমি যেন তাহানিৰ যুগতে আছোঁ। আমাৰ চিন্তা শক্তিৰ উৎকৰ্ষ সাধন নহ'ল। আমি সভ্যতাৰ মুখা পিন্ধি থকা এটা এটা বৰ্বৰ নৰপিশাচ হৈয়ে থাকিলোঁ এন্ধাৰৰ অতল গহ্বৰত।
                ঠিকেই, আমি ইণ্টাৰনেটৰ যুগৰ মডাৰ্ণ মানুহ হৈয়ো চিন্তাৰ পৰিসৰ আজিও বহল কৰিব নোৱাৰিলো। বৰঞ্চ ঠেকাই হে আনিলো। আমাৰ এই উন্নত চিন্তাধাৰৰ ফচল বৃদ্ধাশ্ৰম। য'ত আমি বৰ গৌৰৱেৰে থ'বলৈ যাওঁ বৃদ্ধ অসহায় পিতৃ-মাতৃক। যি এদিন আমাৰ লেদেনা ধুইছিল, মচিছিল, আমাৰ লেতেৰা শৰীৰ পৰিস্কাৰ কৰিছিল। কিন্তু যেতিয়া তেওঁলোৰক আমাৰ প্ৰয়োজন হ'ল আমি তেওঁলোকক বৃদ্ধাশ্ৰমৰ বাট দেখুৱালো। এইয়া আমাৰ শিক্ষাৰ ফচল, উন্নত চিন্তাৰ উকৃষ্ট বিচাৰ।
            আপুনি হয়তু ভাবিছে মই কোনো মানুহ মাৰি তাৰ ৰক্ত পান কৰাগৈ নাই। অথচ এওঁ এনেকৈ কিদৰে ক'ব পাৰে ? কেৱল নৰ হত্যা কৰিলেই জানো নৰপিশাচ। আমি মানুহ হৈ মানুহৰ বাবে যদি ভাবিব নোৱাৰোঁ। কেৱল নিজৰ মাজতেই আৱদ্ধ থাকি উন্নতিৰ জখলা বগাই আকাশ চুলেই জানো মানুহৰ দায়িত্ব পালন কৰা হ'ল ? সমাজখন, চুবুৰীটো, চৌপাশৰ পৰিবেশটো এইবোৰক সুস্থিৰতা প্ৰদান কৰাটো জানো আমাৰ দায়িত্ব নহয় ! এইবোৰৰ অকামিলা হ'লে মানুহেই জানো তাৰ কুফল ভোগ কৰিব নেলাগে ! তেন্তে আমি হ'লো নে বিবেকহীন বৰ্বৰ। বাৰু এইবোৰৰ প্ৰতি বিশেষ গুৰুত্ব নিদি অন্য এটা দিশলৈ আহোঁ।
             আমি কিছু লোক এই যুগতো ইমান বৰ্বৰ যে আমাৰ চিন্তা শক্তিয়ে মগজুত ঠায়ে নেপাই। নহ'লেনো সম্প্ৰতি সংঘতিত হোৱা নন্দিতা শইকীয়াৰ ঘটনাটো ঘটেনে। বহু বাই ভনীক ধৰ্ষণ কৰি যৌনাঙ্গত ৰ'ড ভাৰাই, দেহত চিগাৰেটেৰে পুৰি, অৰ্ধমৃত অৱস্থাতে অগ্নিদগ্ধ কৰি নিৰ্মম ভাবে হত্যা কৰাৰ দৰে ঘটনা ঘটেনে সভ্য পৃথিৱীত। এইবোৰ মানুহ পশুতকৈও অধম নহয়নে ! পিতৃয়ে যদি কন্যাক নিচিনে, খুড়ায়েকে যদি ভতীজাকক নিচিনে, মোমায়েকে যদি ভাগিনীয়েকক নিচিনে, শিক্ষকে যদি ছাত্ৰীক নিচিনে, পুৰঠ মস্তিস্ক এটাই যদি ফুল কুমলীয়া শিশুক মৰম দিব নেজানে, মাকে যদি কেচুৱাৰ মৰম পাহৰি আঁতৰি যাব পাৰে, পৰকীয়া প্ৰেমৰ বাবে যদি প্ৰেমিকৰ লগ লাগি মহিলাই স্বামীক বা প্ৰেমিকাৰ লগ হৈ পতিয়ে পত্নীক হত্যা কৰিব পাৰে। তেন্তে আমি কোনখন সভ্য সমাজৰ মানুহ ? অতি সাধাৰণ দুপদ সামগ্ৰী বা এটা শব্দত যৌতুকৰ দৰে তেনেই নগণ্য বাহ্যিক আকৰ্ষণৰ প্ৰতি আকৰ্ষিত হৈ হত্যা কৰিব পাৰেনে গৰ্ভধাৰিণী নাৰী সত্তাক ? ই কেনে চিন্তাৰ ফচল ! সভ্যাতাৰ চৰম সীমাত ৰৈ কৰা এনে কাৰ্যবোৰ চিন্তাৰ ফচল হয়নে ? নহয়নে তেওঁলোক বিবেকহীন, চিন্তাহীন, নৰৰক্ত লোভী নৰপিশাচ ?
            সমাজত কি ঘটিছে ? আমি যিমানেই উন্নতি কৰিছোঁ সিমানেই টকাৰ গোলাম হৈ আহিছোঁ নিজৰ অজ্ঞাতে। নহ'লেনো আৰ্তজনৰ তেজ-মঙহেৰে গঢ়োনে আকাশলঙ্ঘী অট্টালিকা ? কু-বুদ্ধিৰে ঘটোনে টকাৰ পাহাৰ ? মিছা প্ৰতিশ্ৰুতিৰে আভুৱাভাৰি আঁজুৰি আনোনে ক্ষমতাৰ চকী। জাত-পাত, ধৰ্মৰ বিভেদেৰে খেলোনে তেজৰ ফাকু ? আমি আচলতে অৱচেতন মনৰ দাস। সভ্য পৃথিৱীৰ বাসিন্দা বুলি মিছা অহংকাৰত অহংকাৰী হৈ অৰ্থহীন ভাবে ফুলি থাকো গঙ্গাটোপৰ দৰে।
          আহক চোন চিন্তাৰ জখলাত উঠি গুচি যাওঁ এখন সত্যৰ পৃথিৱীলৈ। য'ত মানৱতা হ'ব প্ৰধান ধৰ্ম। মানৱ সেৱাই হ'ব ঈশ্বৰ প্ৰাপ্তিৰ মূখ্য দ্বাৰ। নোৱাৰোনে গঢ়িব আমি শুদ্ধ চিন্তাৰে সুন্দৰ এখন পৃথিৱী ! প্ৰশ্নটো আপোনালোকলৈ এৰিলোঁ।

পৃষ্ঠা ৫০


Post a Comment

0 Comments