পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ
নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 অক্টোবৰ 2021.
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।
বিশেষ ঘোষণা
সমূহ প্ৰতিযোগীলৈ সাদৰ সম্ভাষণ জনাই আমি অঙ্গনৰ পৰিয়ালে এই কথা ঘোষণা কৰিছোঁ যে, বিগত সময়ত অঙ্গনৰ উদ্দ্যোগত যি সমূহ প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ল সেই প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীৰ পুৰস্কাৰ সমূহ আমি অক্টোৱৰ মাহত ডাক যোগে তেওঁলোকলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ। কৰ'নাই সৃষ্টি কৰা প্ৰতিকুল সময়ৰ বাবে আমি সময়ত তেওঁলোকক তেওঁলোকৰ পুৰস্কাৰ সমূহ প্ৰদান কৰিব নোৱাৰিলো। যাৰ বাবে আমি সকলোৰে ওচৰত কৰযোৰে ক্ষমা ভীক্ষা কৰিলোঁ।
সম্পাদনা সমিতি অঙ্গন
পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
সম্পাদকীয় : পৃষ্ঠা ৫
প্ৰৱন্ধ : পৃষ্ঠা ৬-৮
ধাৰাবাহিক : পৃষ্ঠা ৯
অণুগল্প : পৃষ্ঠা ১০-১১
এক মিনিটৰ গল্প : পৃষ্ঠা ১২-১৩
অনুবাদ কবিতা : পৃষ্ঠা ১৪-১৬
কবিতা : পৃষ্ঠা ১৭-২৯
শিশু বিশেষ : পৃষ্ঠা ৩০
ভ্ৰমণ কাহিনী : পৃষ্ঠা ৩১
নীলা খামৰ চিঠি : পৃষ্ঠা ৩২
লিমাৰিক: ৩৩
ৰেচিপি : ৩৪
গল্প : পৃষ্ঠা ৩৫-৩৭
গ্ৰন্থ পৰ্যালোচনা: ৩৮
আৰ্ট গেলাৰী : পৃষ্ঠা ৩৯
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪০
পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
প্ৰণিতা দাস
নলবাৰী, অসম।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।
পৃষ্ঠা ৫
সম্পাদকীয়ঃ
স্মৃতিৰ কৰণিত শৰৎ
অসমৰ ছটি ঋতুৰ তৃতীয় ঋতু শৰৎ। ভাদ মাহৰ শেষ ভাগৰ পৰা কাতি মাহলৈ এই ঋতুৰ পৰশ অনুভৱ কৰা যায়। অতি মনোৰম পৰিবেশৰ লগতে শীত-তাপৰ ভাৰসাম্য ৰক্ষাৰে জীৱকুলৰ বাবে অনুকুল বাতাবৰণৰ সৃষ্টিৰে ঋতু ৰাণী খ্যাত শৰতে কবি, সাহিত্যিক, গীতিকাৰ সকলৰ মানসপতত এক সুকীয়া স্থান দখল কৰি লৈছে। সেয়ে গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়ৰ কোনো এজন কবি, সাহিত্যিক বা গীতিকাৰেই শৰতক আলিঙ্গন নকৰাকৈ থাকিব পৰা নাই। বিভিন্ন সময়ত বিভিন্ন জনে সৃষ্টি কৰা শৰৎ সম্পৰ্কীয়া কবিতা, গীত, প্ৰৱন্ধ আদিয়ে আজিও অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হৈ আছে। এই সম্পৰ্কে কম বেছি পৰিমানে সৰ্বজন বিদিত। সেয়ে ইয়াত বৰ বহলাই এই বিষয়ে আলোচনা নকৰোঁ।
মই শৰতৰ বুকুত সিঁচৰিত মোৰ শৈশৱ আৰু কৈশোৰৰ কিছু স্মৃতি ৰোমণ্ঠন কৰাৰ মানসেৰে এই লেখাটি লিখিবলৈ লৈছোঁ হক্ । মই গাওঁৰ ল'ৰা। গাঁৱৰ বোকা পানী গচকিয়ে ডাঙৰ হৈছোঁ আৰু বৰ্তমানেও গাওঁতে আছোঁ। শৈশৱত আমি সমনীয়াৰ লগত ( ল'ৰা ছোৱালী সকলো) ব্ৰহ্মপুৱাতে নিয়ৰৰ বগা জাল ফালি জাৰত কঁপি কঁপি শেৱালি ফুল বুটলিবলৈ গৈছিলোঁ। উদ্দেশ্য ভিন ভিন, কিছুৱে যদি এধাৰি মালা গাঁঠে কিছুৱে আক' আঞ্জাৰ সোৱাদ ল'ব খোজে, কিছুৱে শেৱালিৰ সৌন্দৰ্যৰ প্ৰতি মুগ্ধ হৈ এমুঠি বুটলি লয় । মই পিছে সমনীয়াৰ লগত একাজলী আনন্দ বুটলিবলৈহে সৰা শেৱালি বুটলিছিলোঁ। মই সঙ্গ প্ৰিয় আছিলো আৰু এতিয়াও তাৰ ব্যতিক্ৰম নহয়। লগতে বাৰু বুটলি অনা শেৱালি ফুলৰ আঞ্জা এখনো হৈছিল। পিছে সেই আঞ্জাৰ প্ৰতি মোৰ কোনো হাবিয়াস নাছিল। কাৰণ কেঁচা শেৱালি ফুলৰ তিতা আঞ্জাখন মই খাব নোৱাৰিছিলো। হ'লেও সমনীয়াৰ লগত শেৱালিফুল বুটলি বৰ ভাল পাইছিলোঁ। আনন্দ লাগিছিল যেতিয়া মই বুটলি অনা শেৱালি ফুলৰ আঞ্জাখন ঘৰৰ বাকী সদস্য সকলে তৃপ্তিৰে খাইছিল।
এই শৰৎ কালতে উৎযাপন কৰা হয় বিভিন্ন উৎসৱ পাৰ্বন। তাৰ ভিতৰত মোক আটাইতকৈ আকৰ্ষণ কৰিছিল ফাকুৱা আৰু দুৰ্গা পূজাই। গুৰু দুজনাৰ তিৰোভাৱ আবিৰ্ভাৱ তিথিত নামঘৰলৈ গৈছিলোঁ যদিও বেছি আনন্দিন হৈছিলো পূজা আৰু ফাকুৱাৰ সময়তহে। কাৰণ নিশ্চয় অনুমান কৰিব পাৰিছে। কৈশোৰ কালত এই উৎসৱৰ আমেজেই সুকীয়া। আমি ফাকুৱাত আবিৰ চটিয়াই ফাকু খেলা নাছিলো। আমাৰ ফাকুৰ ৰং আছিল বোকা আৰু কেৰাহী তলৰ ছাই। কেৰাহীটো কটাৰিৰে চুৰুকি ছাই ওলিয়াই তাত মিঠাতেল মিলাই তৈয়াৰ কৰা ৰঙৰ স্থায়ীত্বতাৰ আগত আবিৰৰ স্থান শূন্য। তাৰ উপৰি আবিৰ কিনিবলৈ আমাৰ সৰহ সংখ্যকৰ ওচৰত পইচা নাছিল। সেয়ে বিকল্প ভাৱে বোকা আৰু চৌ ছাই বাচি লৈছিলোঁ।
দুৰ্গা পূজা চাবলৈ আমি প্ৰায় দহ/বাৰ কিলমিটাৰ খোজকাঢ়ি যাব লগা হৈছিল। সেই সময়ত কাকজান বাগান আৰু লাহিং বাগানলৈকে আমি পূজা চাবলৈ গৈছিলোঁ। হাতত আছিল পাঁচ/দহ টকা মাত্ৰ। তাৰে এটা পিষ্টল, কেই পাকেটমান গুলি আৰু দুই এপদ খোৱা সামগ্ৰী কিনি আমি ঘৰ মূৱা হৈছিলো। দিনৰ ভাগত এই পূজা চোৱাৰ আনন্দটো পিছে পাছলৈ সলনি হৈছিল। আমি দিনৰ ভাগত পূজা চোৱাতকৈ ৰাতি পূজাৰ স্থলিত পদৰ্শন কৰা হিন্দী/অসমীয়া চিনেমা কেইখনৰ প্ৰতিহে আকৰ্ষিত হৈছিলো। সন্ধ্যাতে খাই বৈ লগৰ সমনীয়াৰ লগত দহ/বাৰ কিলমিটাৰ খোজ কাঢ়ি পূজা চাবলৈ যোৱা আমেজেই সুকীয়া আছিল। কিন্তু বিনিময়ত মা/ দেউতা আৰু জ্যেষ্ঠজনৰ ধমকি, গালি-সপনিবোৰ সজম কৰিব লগা হৈছিল। হ'লেও পিছ দিনা পুনৰ একেই ৰুটিন চিনেমা চাবলৈ যাত্ৰা সন্ধ্যা ভাগতে। পিছে সময়ৰ আহ্বান আৰু পঢ়াৰ প্ৰতি দায়িত্ববোধৰ জ্ঞান বাঢ়ি অহাৰ পিছত এই অভ্যাসবোৰ এৰি পেলাইছিলোঁ। বৰ্তমান অৱশ্যে অতি কম সংখ্যক লোকৰ বহিৰে চাগে এই চিনেমা চাবলৈ লোক নোযোৱাই হ'ল। সি যি হওক শৰতত প্ৰৱেশ কৰা শাৰদী মাৰ পূজা চোৱাৰ সেই সুকীয়া আমেজকণ আজীৱন মনত থাকিব। লগতে মনত থাকিব সেই সময়ত অপব্যয় কৰা মূল্যবান সময়ৰ ফলত হোৱা অপূৰণীয় ক্ষতিৰ কথা।
সি যি হওক শৰতৰ আমেজ মই বৰ্তমানেও পাহৰিব পৰা নাই। বিগত সময়ত এই শৰতৰ ওপৰতে এটি গীত " শাৰদী ৰাণী" লিখি বান্ধৱী দুদুমণি দোলাকাষৰীয়াৰ কণ্ঠৰে YouTube ৰ যোগেদি ৰাইজলৈ প্ৰেৰণ কৰিছিলোঁ। ঋতু ৰাণী শৰৎ মোৰ প্ৰিয় ঋতু। এই ঋতুৰ সুকোমল পৰশে মোক সদায় আহ্লাদিত কৰি ৰাখিব।
মঞ্জিত হাজৰিকা
সহঃ সম্পাদক অঙ্গন
মো: নং 6000709096
পৃষ্ঠা ৬
প্ৰৱন্ধঃ
শৰৎ আহিল, শেৱালি ফুলিল...
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা, ভ্ৰাম্যভাষ:৬০০১৪৮১৪০৮
শৰৎ আৰু শেৱালি, পখীৰ কলৰৱত মুখৰিত আপোন পদূলি। শৰৎ মানেই হেপাঁহৰ এক অনন্য ৰাগ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও কৈ গৈছে: শৰতৰ সমান নাই সুখ কাল, হৰে দুখ অনু ক্ৰমে।ঋতুৰাণী শৰত আৰু শৰতৰ নৈসৰ্গিক শোভাত পৃথিৱীৰ অমিয় ৰূপ ফুটি উঠে শান্ত-স্নিগ্ধৰূপত। শেৱালিৰ গোন্ধই আগলি বতৰা দি যোৱা সময়ত বালীমাহী চৰাইজনীয়ে চোতালে চোতালে নাচি নাচি চিঠি বিলাই শৰতৰ। কবি হীৰেণ ভট্টাচাৰ্যই লেখি গৈছে এফাঁকি কবিতা-
শৰত সকলোৰে আদৰৰ৷ শৰতৰ আগমনে দেহ মন প্ৰফুল্ল কৰে৷ গ্ৰীষ্ম বৰ্ষাৰ উৎকট গৰমৰ পৰা দেহা আৰু মনৰ ক্লান্তি দূৰ কৰি মনটোক সতেজ কৰি ৰখাত সহায় কৰে একমাত্ৰ শৰতে ৷ কবিয়ে শৰত কালৰ ৰাতিৰ বিতোপন জোনাকৰ বৰ্ণনা দাঙি ধৰিছে,
“শৰত কালৰ ৰাতি
অতি বিতোপন
ৰাস ক্ৰীড়া কৰিতে
কৃষ্ণৰ ভৈল মন”
শৰতৰ পৱিত্ৰ শেৱালিৰ গোন্ধে চৌদিশ আমোলমোলাই ৰাখে৷ বিষাদ- বেদনাবোৰ পাহৰি মানুহ আত্মাহাৰা হয়৷ কবি সকল হৈ পৰে কল্পনা প্ৰৱণ৷
এই শৰততেই শক্তিৰ অধিষ্ঠাতৃ দেৱীৰ পূজা অৰ্চনা কৰি ভক্তই আশীৰ্বাদ গ্ৰহণ কৰে৷ দুষ্টক দমনৰ জৰিয়তে অসুৰ নিধনৰ দৃষ্টান্ত দাঙি ধৰিছে মহীয়সী দেৱীয়ে৷
“যা দেৱী সৰ্ব ভূতেষু
শক্তি ৰূপেন সংস্থিতা,
নমস্তসৈ নমস্তসৈ নমস্তসৈ
নমো নমঃ”
এই সকলো বিলাক শৰতৰে অৱদান৷
আনহাতে বৃহৎ নদীদ্বীপ মাজুলীবাসীয়ে শৰত কালতেই মহা পয়োভৰেৰে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰে৷ শ্ৰীকৃষ্ণ আৰু গোপিনী সৱৰ ঐশিক প্ৰেমৰ জৰিয়তে ভক্তিৰসৰ সঞ্চাৰ কৰিবলৈ সক্ষম হয়৷ গীত, বাদ্য, ছন্দ, নৃত্য আৰু অভিনয়ৰ জৰিয়তে এটি অপূৰ্ব পৰিবেশৰ সৃষ্টি হয়৷ সত্ৰনগৰী মাজুলীবাসীয়ে অসমীয়া সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰি আহিছে৷ আমাৰ বাবে এই পৰম্পৰা আশীৰ্বাদ স্বৰূপ৷ আমাৰ ৰাজ্য অসমৰ অন্যান্য সত্ৰ আৰু নামঘৰ আদিতো ৰাস উৎসৱ উদযাপন কৰা হয় ভক্তপ্ৰাণ ৰাইজৰ প্ৰচেষ্টাত৷ শৰতৰ অৱদান সৰ্ব্বজন স্বীকৃত আৰু মানসিক শক্তি সঞ্চাৰৰ বাবে এক প্ৰয়োজনীয় উপাদান৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰো আৱিৰ্ভাৱ ঘটিছিল এই ঐশ্বৰিক ঋতু শৰতকালতেই৷ ১৩৭১ শকৰ(ইংৰাজী১৪৪৯ চনৰ) আহিন মাহৰ পাঁচ তাৰিখ শুকুৰবাৰে শুক্লা দশমী তিথিত বৰদুৱাৰৰ আলিপুখুৰী গাঁৱত এই মহান পুৰুষগৰাকীৰ আৱিৰ্ভাৱ ঘটিছিল৷ শংকৰদেৱক তুলি-তালি ডাঙৰ- দীঘল কৰিছিল আইতাক খেৰসূতীয়ে৷ সৰুকালচোৱা উমলি- জামলিয়েই কটাইছিল৷ প্ৰায় বাৰ বছৰ বয়সতহে মহেন্দ্ৰ কণ্ডলী দেৱৰ টোলত অধ্যয়ন আৰম্ভ কৰে৷ ছাত্ৰ অৱস্থাত তেওঁ প্ৰখৰ বুদ্ধিৰ পৰিচয় দিব পাৰিছিল৷ ক- ফলা শিকিয়েই আ- কাৰ উ- কাৰ নথকা কবিতাটি লিখি উলিয়াইছিল৷
“কৰতল কমল কমল দল নয়ন৷
ভৱদৱ গহন গহন বন শয়ন ৷
বিভিন্ন উৎসৱ পাৰ্বনেৰে ভৰপূৰ শৰত দূৰ্গা পূজাৰে আৰম্ভ হৈ শংকৰ জন্মোৎসৱ, মহালয়া, লক্ষ্মীপূজা, কাতি বিহু, দীপাৱলী, ষট পূজাৰ মাজেৰে গৈ ৰাস পূৰ্ণিমাত সামৰণি পৰে। শৰত কালতে আত্মা পৰমাত্মা মিলনৰ পূৰ্ণ সুযোগ আহে। ঋতুৰাণী শৰতৰ নিৰ্মল আকাশৰ জোনজনীৰ এমুখ হাঁহি আৰু প্ৰকৃতিৰ বুকুৰ শ্যামলী গহীন সাজে সদ্যস্নাতা নাৰীৰ দৰে পৃথিৱীৰ ৰূপত ৰহণ সানে। শৰতৰ পূৰ্ণিমাত বাঁহী সুৰে হৃদয়ত খুন্দিয়াই আনন্দৰ অসুখ মেলে। আমি নিজকে নিজে পাহৰি যাওঁ যেন লাগে।
শৰতক লৈ সদাব্যস্ত বিশেষকৈ কবি আৰু গীতিকাৰ সকল। দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই শৰতৰ বিতোপন চন্দ্ৰাৱলী ৰাত্ৰিয়ে যমুনাৰ ৰূপোৱালী বালিত ৰাসক্ৰীড়া কৰিছিল। মহাপুৰুষ শংকৰদেৱেও কীৰ্তনক এক মন-প্ৰাণ হৰণ কৰা আকৰ্ষণ বৰ্ণনা বিবিধ চিত্ৰময় বৰ্ণনাৰে বৰ্ণিল কৰি তুলিছে।
শৰতৰ বিশেষ সৌন্দৰ্যই সকলো অনুভৱী আৰু কবিৰে হৃদয়ত ভাৱৰ আৰু কবিতাৰ জোৱাৰ তোলে।শিল্পীয়ে গাই গৈছে- “শাৰদী ৰাণী তোমাৰে হেনো নাম”। কবি যতীন্দ্ৰ নাথ দুৱৰা, ৰঘুনাথ চৌধুৰী, শৈলধৰ ৰাজখোৱা, নলিনীবালা দেৱী, গণেশ গগৈ, নীলমনি ফুকন, বিনন্দ চন্দ্ৰ বৰুৱা, হীৰেণ ভট্টাচাৰ্যকে আদি সকলো প্ৰখ্যাত কবিয়ে শৰতক লৈ অনুভৱ ব্যক্ত কৰি গৈছে। শৰতৰ অসীম ৰূপৰ তুলনা নাই । ই মাথোঁ সকলোৰে হৃদয়ত কেৱল মাত্ৰ দি যায় অপূৰ্ব স্মৃতিৰ একো একোটা মুহূৰ্ত। এই স্মৃতিবোৰ লৈয়ে আমি জীয়াই থাকিব লাগিব, পাৰ কৰিব লাগিব জীৱনৰ প্ৰতিটো দিন। বৰ্তমান অপশক্তিৰ বিৰুদ্ধে শুভশক্তিৰ জয়গান, শুদ্ধচিত্তে এখন সুখৰ পৃথিৱী গঢ়াৰ আৰ্শীবাদ আমি এই দুৰ্গামাৰ ওচৰতেই ল’ব লাগিব। সি যি নহওক, শৰতৰ বাহ্যিক দৃশ্য আকৰ্ষণীয় হ’লেও আমি প্ৰত্যেকেই আধ্যাত্মিক উত্কৰ্ষ সাধনত ব্ৰতী হ’লেহে শৰতৰ গুৰুত্ব সদায় বাঢ়িব। নহ’লে ইয়াৰ ইতিবাচক কথাবোৰ পাহৰণিৰ বসোতত মিলি যাব।
পৃষ্ঠা ৭
গুৰুজনাৰ কৃতিৰে নামঘৰৰ সৃষ্টি
মামণি ডেকা
ভগৱানৰ কূৰ্মৰূপেই নামঘৰ ৷ কূৰ্মৰ শক্তিৰে নামঘৰৰ ভেঁটি নিৰ্মিত ৷
যেতিয়া অসমত ক'তো নামঘৰ নাছিল, মণিকূট নাছিল, সত্ৰ নাছিল, মধ্যযুগৰ অসমত তেতিয়া আছিল মাথোন ক্ষমতাৰ অঁৰিয়া-অৰি অন্ধবিশ্বাস ,এলান্ধু আৰু মানসিক দৈন্যতাত ঘাইল হৈ পৰা নেতৃত্ববিহীন জনসাধাৰণ ৷ সহস্ৰ দেৱ-দেৱী, ভূত-পিশাচ, আনকি বাস্তৱিক জড় মূৰ্তিয়ে তেতিয়াৰ মানুহৰ মানসিক জগতত পিয়াপি দি ফুৰিছিল ৷ তেতিয়া মানুহে ৰক্ত আৰু মাংসৰ লগতে সুৰাৰ উপচাৰেৰে পূজা ভক্তিত নহয়, ভয়তহে কৰিছিল ৷ ঘনঘোৰ তমসা ফালি মুক্তিৰ জয় গানৰ বাবে যেন ধীৰে ধীৰে পুনৰ ৰাঙলী হৈ আজি উদাৰ কিৰণ উদিত এক নতুন সূৰ্য্যৰ ৷
মধ্যযুগীয়া অসমৰ অতি বিশৃংখল ৰাজনৈতিক আৰু সামাজিক পটভূমিত আৱিৰ্ভাৱ হ'ল শ্ৰীমন্ত শংকৰদেৱ ৷ ১৪৪৯ খৃষ্টাব্দত শাৰদীয় বতৰত আৱিৰ্ভাৱ হ'ল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষজনাৰ ৷
অসমৰ শিল্পকলা, অসমৰ সত্ৰ-সংস্কৃতিৰ বিকাশলৈ শ্ৰীমন্ত শংকৰদেৱৰ মহত্বপূৰ্ণ অৱদান লেখত ল'ব লগীয়া ৷ সংস্কৃত শাস্ত্ৰত সত্ৰ শব্দৰ প্ৰয়োগ বেদৰ পৰা আৰম্ভ কৰি পুৰাণলৈকে বহলভাৱে বিস্তৃত ৷ সংস্কৃতত আকৌ বহুদিন চলা যজ্ঞক সত্ৰ বুলিছিল ৷ ভাগৱত পুৰাণত পোৱা যায় যে শৌনকাদি ঋষিসকলে নৈমিষাৰণ্যত সহস্ৰ বছৰ ধৰি যজ্ঞ উদযাপন কৰাৰ পাছত সূত উগ্ৰশ্ৰবাই ঋষিসকলক ভাগৱত পুৰাণ আদ্যন্ত ব্যাখ্যা কৰি শুনাইছিল ৷ আমাৰ বৈষ্ণৱ সমাজত সম্ভৱত এই ভাগৱত পাঠ বা ব্যাখ্যাৰ পৰাই সত্ৰ শব্দটো গ্ৰহণ কৰা হৈছে ৷
ত্ৰয়োদশ শতিকাৰ আমবাৰীত পোৱা শিলালিপিত আৱাসিক সত্ৰৰ উল্লেখ পোৱা যায় ৷ "আৱাসিক সত্ৰ" ৰ অৰ্থ হ'ল ভক্তসকলে বাস কৰা সত্ৰ ৷ সত্ৰীয়া স্থাপত্য প্ৰকৰণটো শংকৰদেৱৰ তিৰোভাৱৰ কেইবাদশক পিছৰ কথা সেয়া আনুমানিক সপ্তদশ শতিকাৰ প্ৰথম দশকৰ কথা ৷ কিয়নো সত্ৰীয়া ব্যৱস্থা আৰু পৰম্পৰা এই সময়তে উদ্ভৱ হৈছিল বুলি অসমৰ প্ৰাচীনতম সত্ৰকেইখনৰ প্ৰতিষ্ঠাৰ ইতিহাসৰ পৰা জানিব পাৰি ৷ সেই সমাজখনৰ কাৰণে সুকীয়া গৃহ নিৰ্মাণৰ সম্ভাৱনা তেতিয়া নাছিল ৷ কাৰণ ৰজাঘৰৰ বিৰূপ মনোভাৱ আৰু তাৰ কাৰণে শংকৰদেৱ প্ৰমুখ্যে অন্যান্য লগৰীয়াসকল সততে প্ৰব্ৰজনমুখী হোৱাত স্থায়ী স্থাপত্য প্ৰকৰণ এটা গঢ়ি উঠাৰ সুযোগ দেখা দিয়া নাছিল ৷ চৰিত পুথিত পোৱা যায় যে শংকৰদেৱে শিষ্যসকলক লৈ কেতিয়াবা মুকলি ঠাইত, কেতিয়াবা গছৰ ছাঁত আৰু কেতিয়াবা নদীৰ বালি চাপৰিত বহু বিভিন্ন আলোচনা কৰিছিল ৷ নামঘৰক কেন্দ্ৰ কৰি হৰিকীৰ্তন আৰু হৰিচৰ্চাহে হৈছিল ৷ আনকি মাধৱদেৱো কোনো সত্ৰৰ অধিকাৰ নাছিল ৷ মাথোঁ দুয়োজনা মহাগুৰু বুলিয়েই পৰিচিত আছিল ৷ সত্ৰ অনুষ্ঠানৰ বিকাশৰ ক্ষেত্ৰত দামোদৰভাৱে প্ৰথম পদক্ষেপ হৈছিল ৷ চৰিত পুথিমতে শংকৰদেৱৰ তিৰোভাৱৰ পিছত দামোদৰদেৱে পাটবাউসীত স্থায়ীভাৱে সত্ৰীয়া সমাজ ব্যৱস্থাৰ আৰম্ভণি কৰিছিল ৷
ক্ৰমশঃ
পৃষ্ঠাঃ ৮
ৰূপহী গাভৰুঃ গুৱাহাটী
মনালিছা পাঠক
গুৱাহাটী
জনা হোৱা দিনৰে পৰা বহাগত কপৌফুল আৰু আহিনত তলসৰা শেৱালিৰ সুবাসে মোৰ মন ভৰাই তোলে ৷ কপৌফুল পাহৰ আলফুল পৰশে মনলৈ এক বুজাব নোৱাৰা অনুভূতি বোৱাই আনে ৷ ঠিক তেনেকৈয়ে শৰতৰ তলসৰা শেৱালিৰ মিঠা গোন্ধেও মন জীপাল কৰি তোলে !
আজিকালি গুৱাহাটীত কেবামহলীয়া বিল্ডিঙবোৰ ভৰি পৰাৰ লগে লগে চোতাল প্ৰায় দুৰ্লভ হৈ পৰিল ৷ আগতে আমাৰ পিছফালৰ চোতালত তুলসী জোপাৰ কাষতে প্ৰায় গাতে গা লগাই এজোপা শেৱালি আৰু এজোপা স্থলপদ্মৰ গছ আছিল । মনত পৰা দিনৰে পৰা দেখি আহিছিলোঁ, কাহিলী পুৱাতে উঠি মায়ে শেৱালি ফুলবোৰ এফালৰ পৰা বুটলি আনি ডলাখনত থুপাই থৈছিল ৷ কেতিয়াবা ময়ো বুটলিছিলোঁ ৷ গোঁসাইৰ পূজাৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ ফুলখিনি বেলেগে থৈ বাকী ফুলেৰে সৈতে ডলাখন ভাতখোৱা টেবুলৰ ওপৰত থৈ দিছিল ৷ সেই ফুলখিনি কেবাদিনো দুপৰীয়া ৰ’দত দি শুকুৱাই হাতেৰে মোহাৰি গুড়ি কৰি মায়ে শুকান হৰলিক্সৰ বটলত ভৰাই থৈছিল ৷ পিছত সেই শেৱালি ফুলৰ গুড়িৰে সৰু মাছ দি বৰ সোৱাদ লগাকৈ আঞ্জা বনাইছিল ৷ মাৰ সেইখন আঞ্জা এতিয়াও দেউতাৰ বৰ প্ৰিয় ৷
দহবজাৰ পৰা আৰম্ভ হোৱা স্কুল যাবৰ বাবে ভাত খাবলৈ বহি মই হাতদুখন ডলাখনত থকা সেই শেৱালি ফুলবোৰৰ মাজত সোমোৱাই দিছিলোঁ ৷ অকণি অকণি হাতদুখন ফুলখিনিয়ে সাৱটি লৈ কোনেও দেখা নোপোৱাকৈ নিজৰ মাজত যেন লুকুৱাই থৈছিল !
সেই ফুলৰ মাজত লুকাই পৰা হাতদুখনে লুকাচুৰি খেলিবলৈ আৰম্ভ কৰিছিল ৷ ফুলবোৰৰ মাজেৰেই এখন হাতে সাৱধানে কেৰেলুৱাৰ গতিৰে আগুৱাই গৈ আনখন হাতক বিচাৰি পোৱাৰ দৰে জপটিয়াই ধৰিছিল ৷ অৱশ্যে ক্ষন্তেক পিছতে মাৰ তাগিদাত শেৱালিৰ দলিচাত খেলি থকা পৰ্বৰ সামৰণি পেলাই লৰালৰিকৈ ভাত খাই স্কুললৈ গৈছিলোঁ ৷
স্কুলৰ পৰা আহি দেউতাৰ কোঠাৰ বেৰত বন্ধাই থোৱা কৃষ্ণৰ ডাঙৰ ফটোখনত প্ৰায়ে শেৱালিফুলৰ দীঘল মালা এধাৰি দেখিছিলোঁ ৷ আগদিনা কৃষ্ণৰ ফটোত শোভাবৰ্ধন কৰি থকা বগা শেৱালিৰ মালাধাৰি পিছদিনা পুৱালৈ ক্ষুদ্ৰ ক্ষুদ্ৰ কমলা আৰু মুগা বৰণৰ মণিৰ লেৰেলি যোৱা মালাত পৰিণত হৈছিল ৷ কোঠাৰ একোণত থকা ভগৱানৰ থাপনাৰ লক্ষ্মী, সৰস্বতী, ৰাধাকৃষ্ণ, শিৱ আদি বিভিন্ন দেৱদেৱীৰ মূৰ্তিবোৰ চাই চাই মোৰ এনে লাগিছিল যেন ডাঙৰ ডাঙৰ গুলপীয়া বৰণৰ স্থলপদ্ম ফুলৰ দলিচাত দেৱদেৱীসকলে খোজ কাঢ়ি মাজে মাজে জিৰণি লৈছিল ৷
শিশু মনৰ কিমান কি যে অলীক কল্পনা !
খোজকাঢ়ি স্কুললৈ যাওঁতে ভৰিৰে সমুখৰ শিলগুটি ছিটিকাই গৈছিলোঁ ৷ প্ৰায় সকলোৱে খোজকাঢ়িয়েই গৈছিল ৷ কিন্তু আজিৰ গাড়ী মটৰৰ দিনত বৰ্তমানৰ ল’ৰা ছোৱালীয়ে সেয়া কল্পনাও কৰিব নোৱাৰিব ৷ ৰিক্সা আৰু ঠেলাৰ বাদে কাচিৎহে দুই এখন গাড়ী বাটত দেখিছিলোঁ ৷ অৱশ্যে মাজে মাজে বস্তু কঢ়িওৱা ঘোঁৰাগাড়ীৰ ঘোঁৰাদুটাৰ ঠেঙৰ খট্ খট্ ছন্দোময় শব্দই নিজান বাটটোৰ নিস্তব্ধতা আঁতৰাইছিল ৷ বস্তু নমাবৰ সময়ত গাড়ীখন হেলনীয়া কৰি ল’বলৈ ঘোঁৰাগাড়ীৰ পিচপিনে সোঁমাজত এটুকুৰা দীঘল কাঠ ওলমি থাকিছিল ৷ সোঁফালৰ পৰা বাওঁফাললৈ আৰু বাওঁফালৰ পৰা সোঁফাললৈ পেণ্ডুলামৰ গতিত গৈ থকা সেই কাঠচটাক মোৰ শিশুমনে লয়লাস ভঙ্গীমাত নৃত্যৰতা এগৰাকী নাৰী যেন অনুভৱ কৰিছিল ৷
সৰুতে ফটাশিল পাহাৰখন আমাৰ ঘৰৰ নিচেই কাষতে আছিল ৷ কেতিয়াবা ৰাতি চোতালত শিয়াল আহিছিল , এবাৰ দেখি মই কুকুৰ বুলি ভাবিছিলোঁ ৷ কিমান যে শগুণ আছিল ! পিছে এই শগুণক লৈয়ো বহুত অন্ধবিশ্বাস আছিল ৷ কাৰোবাৰ ঘৰৰ চালত শগুণ পৰিলে, শগুণটো কোন দিশৰ পৰা আহি কোনপিনে বহিলে ! এইবোৰ লৈ ঘৰৰ গৰাকীৰ চিন্তাৰ অন্ত নাই ৷ তাৰোপৰি শগুণে বমি কৰিলে গৃহস্থৰ মঙ্গল হয় বুলি কোৱা হৈছিল ৷ আৰু বহুত কিবাকিবি আছিল , পাহৰিলোঁ ৷ শগুণৰ বাবে হ’ব পৰা অমংগল আঁতৰাবলৈ ঘৰৰ গিৰিহঁতে পূজাও কৰিছিল ৷ এতিয়া লিখি থাকোঁতে মনলৈ আহিছে, আবেলি খেলি থাকোঁতে বিশাল পাখিদুখন কোবাই কোবাই পাহাৰৰ ফালৰ পৰা উৰি অহা শগুণ দেখিলে আমি ৰৈ ৰৈ চাইছিলোঁ ৷ এতিয়া পিছে বেচেৰাহঁতক দেখা পাবলৈয়ে নাই। পাহাৰখন ৰাতিৰ ভাগত ঘিটমিটীয়া আন্ধাৰ ৷ ক’ৰবাত এটা দুটা জোনাকী পৰুৱা , যেন চোতালৰ পৰা পাহাৰৰ ফালে আগবাঢ়ি গৈছিল ৷ কিন্তু আমি ডাঙৰ হৈ অহাৰ লগে লগে মন কৰিছিলোঁ, পাহাৰখন যেন লাহে লাহে দূৰলৈ আঁতৰি গৈছিল ! আচলতে জীৱিকাৰ তাড়ণাত গুৱাহাটীত বাস কৰিবলৈ লোৱা কিছুমান লোকে পাহাৰ কাটি কাটি ঘৰ বান্ধোতে বান্ধোতে পাহাৰখন দূৰলৈ আঁতৰি যোৱা যেন অনুভৱ হৈছিল ৷ ৰাতিৰ এন্ধাৰত পাহাৰৰ বাসিন্দাসকলৰ ঘৰৰ লেম আৰু টিপচাকিবোৰ এনে লাগিছিল যেন আকাশৰ তৰাবোৰে নামি আহি পাহাৰখনত ঘৰ লৈছেহি আৰু তাকে দেখি জোনাকী পৰুৱাবোৰেও উৰি উৰি গৈ তৰাৰ সৈতে পোহৰৰ মেলা পাতিছে ৷
সৰুতে পূজা উপলক্ষে দেউতা আৰু আইতাই ( মাৰ মাক) দিয়া কাপোৰেৰে মায়ে বেলেগ বেলেগ ডিজাইন দি তিনিটা ফ্ৰক চিলাই দিছিল ৷ সেই ফ্ৰক পিন্ধি পুৱাৰ ভাগত পূজাত অঞ্জলী দিবলৈ আৰু সন্ধিয়া পূজা চাবলৈ গৈছিলোঁ। সেই সময়ত ভিতৰি মোৰ এনেকুৱা ভাব হৈছিল যেন বাটেৰে অহাযোৱা কৰা আৰু পূজা মণ্ডপত উপস্থিত থকা শিশুৰ পৰা বয়সীয়াল জনলৈ, সকলোৰে দৃষ্টি কেৱল মোৰ ফ্ৰকটোতেই নিৱদ্ধ ৷ কি যে ভাল লগা অনুভৱ আছিল সেয়া মোৰ !
আনহাতে আমাৰ স্থলপদ্ম ফুলেৰে তিনিও দিনেই ৰাতিপুৱাতেই মায়ে বহুত দীঘলকৈ মালা গাঁঠিছিল ৷ অঞ্জলী দিবলৈ গৈ গোসানীৰ ডিঙিৰ পৰা আঠুলৈ জুৰি থকা কেইবাদালো মালাৰ মাজত নিজে গঁঠা দীঘল মালাধাৰ দেখি মাৰ ধাৰ্মিক মনটো গভীৰ প্ৰশান্তিৰে ভৰি পৰিছিল।
পূজাৰ কেইদিন আমি পানবজাৰত মামাহঁতৰ ঘৰত থাকিছিলোঁ ৷ পানবজাৰৰ হৰিসভাত পূজা হৈছিল (এতিয়াও হয়। )৷ আইতাহঁতৰ আৰু হৰিসভাৰ গেইট দুখন মুখামুখি ৷ গতিকে সেইকেইদিন আমাক আৰু কোনে পায় ! পূজা চাবলৈ বুলি ইটো সিটোৱে দিয়া পইচাৰে মাৰ অনুমতি লৈ মণ্ডপৰ বাহিৰৰ অস্থায়ী দোকানবোৰৰ পৰা বিভিন্ন মনপচন্দৰ বস্তু কিনিছিলোঁ ৷ বাটত গাড়ীৰ সংখ্যা তেনেই নগণ্য আছিল ৷ গতিকে ৰাস্তা পাৰ হোৱাৰ কোনো চিন্তাই নাছিল ৷ ৰাতি সোনকালেই আমি ভাত খাই সাজু হৈছিলোঁ, যাত্ৰাভিনয় চোৱাৰ উদ্দেশ্যে ৷ মূল নাটকৰ আগতে এখন নৃত্যনাটিকা অনুষ্ঠিত হৈছিল ৷ আমাৰ বাবে পূজাৰ কেইদিনৰ অন্যতম আকৰ্ষণ আছিল নিশাৰ ভাগৰ হৰিসভাৰ যাত্ৰাভিনয় ৷
আগন্তুক মাত্ৰ কেইটামান দিনৰ পিছতেই দূৰ্গাপূজা ৷ পূজাৰ ভক্তিভাবৰ উপৰিও জাকজমকতাই সমগ্ৰ পৰিৱেশটোৱেই আনন্দমুখৰ কৰি তোলে ৷ আগতে মানুহো কম আছিল , পূজামণ্ডপৰ সংখ্যাও কম আছিল ৷ বৰ্তমান গুৱাহাটীখনো দূৰলৈকে সম্প্ৰসাৰিত হ’ল ৷ চহৰখন আকাশলংঘী অট্টালিকাবোৰেৰে ভৰি পৰিল ৷ জনসংখ্যাৰ অনুপাতে পূজামণ্ডপৰ সংখ্যাও বৃদ্ধি পালে ৷ তাৰোপৰি আজিকালি সন্ধিয়া পূজা চাবলৈ যোৱা মানুহেৰে বিৰ দি বাট নোপোৱা অৱস্থা হয় গৈ ৷
স্মৃতিবোৰ মনৰ মণিকোঠাত সজীৱ হৈ ৰ’ল যদিও সময়ৰ সোঁতত মোৰ বিয়াৰ সময়ত আমাৰ আসাম টাইপৰ ঘৰটো বিল্ডিঙৰ বুকুত বিলীন হ’ল।
বিয়াৰ পিছত স্বামীৰ কৰ্মস্থল ৰঙিয়া, ডিব্ৰুগড়, লখিমপুৰ আদিত থাকোঁতে কেতিয়ানো গুৱাহাটীয়ে পুৰণি সাজ সলনি কৰিলে ত'তকে ধৰিব নোৱাৰিলোঁ ৷
পঁচিশ বছৰ পিছত গুৱাহাটীলৈ উভতি আহি অনুভৱ কৰিছোঁ, গুৱাহাটীখন যেন এজনী আধুনিকা গাভৰু হ’ল ! সৰু সৰু আসাম টাইপৰ ঘৰবোৰেৰে আগতে গুৱাহাটী এজনী নম্ৰ স্বভাৱৰ কিশোৰী আছিল , এতিয়া সেই কিশোৰীয়ে যেন আত্মবিশ্বাস আৰু উন্নত শিৰে কেবামহলীয়া অট্টালিকাৰ বেশভূষা পৰিধান কৰি ৰূপহী গাভৰুজনী হৈ পৰিছে ! আহাৰ খাই পৰি থকা মচোৱা গোমৰ দৰে পথবোৰো যেন আজিকালি ব্যস্ত গাড়ী মটৰৰ প্ৰভাৱত চঞ্চল হৈ পৰিছে ! চাৰি পাঁচজনীয়া পৰিয়ালৰ পিছফালৰ পাচলিৰ আৰু আগফালৰ ফুলৰ বাগিচাবোৰ নাইকীয়া হ’ল ৷ চাৰি পাঁচজনৰ পৰিৱৰ্তে সেই একেটা চৌহদতে এতিয়া কেইবাটাও পৰিয়াল থাকিব পৰাকৈ অট্টালিকাবোৰ গঢ় লৈ উঠিল।
বিভিন্ন কাৰণত গুৱাহাটীলৈ আহি গুৱাহাটীৰ বুকুত ৰৈ যোৱা লোক সকলৰেই কিছুমানে "কংক্ৰীটৰ মহানগৰীৰ মহানাগৰিকৰ আভিজাত্যৰ ভেম" বুলি বৰষুণৰ পানীত গুৱাহাটীত সৃষ্টি হোৱা কৃত্ৰিম বানপানীক লৈ মন্তব্য আগবঢ়ায় ৷ আমিয়েই গুৱাহাটীক আধুনিকা গাভৰুৰ ৰূপ দি এতিয়া আমিয়েই ঠাট্টা কৰিছোঁ ! পিছে তাৰ পৰিৱৰ্তে আমি ঘৰে বাহিৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভ্যাস গঢ়ি গুৱাহাটীক আমাৰ গৌৰৱ হিচাবে আনৰ আগত প্ৰতিপন্ন কৰিব নোৱাৰোনে ?
পৃষ্ঠা ৯
ধাৰাবাহিকঃ
সমাধিস্থ সপোনত
অংকুৰিত পোহৰ
মিনাৰা হুছেইন, নগাঁও
যোৱা সংখ্যাৰ পিছৰ পৰা
(পঞ্চম)
নাৰ্চ গৰাকীৰ মাতত সাৰ পাই উঠিলোঁ। মালতীবাইক জগালোঁ। দুয়োজনীয়ে মুখ হাত ধুই বাহিৰৰ পৰা চাহ দুকাপ অনাই ল'লোঁ। অনুৰাধাক চাৰে ছয় বজাত অ.টিলৈ লৈ যাব। লাহে লাহে অনুৰাধাক জগালোঁ। মালতীবায়ে তাইক ধৰি বাথৰুমলৈ লৈ গ'ল। নাৰ্চ এগৰাকী আহি অনুৰাধাক ৰেডি কৰাইছিল।
: বৌ, মোৰ বৰ ভয় লাগিছে। অনুৰাধাই মোৰ হাতত ধৰিলে।
: একো নহয়। ভয় নকৰিবা। মই যাম নহয় তোমাৰ লগতে অ.টি. লৈ।
অনুৰাধাৰ মুখখনত হাত বুলাই দিলোঁ। মালতীবাই উঠি গ'ল। চলচলীয়া চকুহাল যেন উখহি আহিব। গোটেই ৰাতি কান্দিছে। অনুৰাধাক সাবটি ধৰিলে।
: মাজনী, তুমি যোৱা। ভয় নকৰিবা। ওপৰজনাই চকু মেলি চাব।
মালতীবাইৰ চকুৰ আগত আজি তেইশ বছৰৰ আগৰ দিন এটাই দেখা দিলে। এনেকৈয়ে তাইৰ মৰমৰ গৌৰী দিদিজনী ! তাইকতো কথা দি গৈছিল তাইৰ একমাত্ৰ দিদিজনীয়ে অ.টি.ৰ পৰা ঘূৰি আহিব। কিন্তু নোৱাৰিলে।আজি আকৌ যদি অনুৰাধাৰ লগতো কিবা হয়, তাই জীয়াই জীয়াই মৰি যাব আৰু নোৱাৰে সহ্য কৰিব।
: প্ৰভু, মোৰ গৌৰীজনীক মোৰ ওচৰলৈ ঘূৰাই আনিবা। বুলি চিঞৰি উঠিল মালতীবায়ে।
: মালতীবাই, কাৰ কথা কৈছা ? কোন গৌৰী ? যোৱাকালি তুমি আৰু বৌৱে গৌৰীৰ কথা পাতিছিলা। মই টোপনিৰ মাজতে অলপ শুনিছিলোঁ ?
অনুৰাধাৰ মাতত আমি চক খাই উঠিলোঁ। মালতীবায়ে নিমিশালৈ চালে। কি ক'ব অনুৰাধাক ?
: ৰাধা, তুমিও যে আৰু মালতীবাইক চিনি নোপোৱা হ'লা। তাই হেনো তোমাৰ যদি ছোৱালী হয় নাম গৌৰী ৰাখিব।
: এ হয়নে মালতীবাই ? অনুৰাধাই মালতীবাইক সাবটি ধৰিল।
নাৰ্চ এগৰাকী আহিল।
অনুৰাধাক লৈ যাবলৈ।
: বাইদেউ, এওঁৰ হাজবেন্ড ক'ত ? অভিভাৱকৰ চহী এটা লাগিছিল। হাতত থকা ফৰ্মখন মোলৈ আগবঢ়াই দিলে।
: অ' তেওঁলোক আহি আছে। ৰাধাক লৈ আগবাঢ়া। মই চহীটো কৰাই লৈ আহি আছোঁ।
: বৌ, কোনো নাহে। মা, দেউতা, দাদা কোনো নাহিল। অনুৰাধাৰ চকু সেমেকি উঠিল।
: কি জানা বৌ মোৰ লগত সদায় এনেকুৱাই হৈছিল। মালতীবাই তোমাৰ মনত আছেনে এবাৰ মোৰ বৰ জ্বৰ হৈছিল। হস্পিতালত থাকিব লগা হৈছিল। মা যে থকা নাছিল মোৰ লগত। দাদাৰ পৰীক্ষা বুলি। দাদাই থাকিব বিচৰাত তাক যে মায়ে ধমকি দিছিল। দেউতাইতো এবাৰো নাহিছিল মোৰ ওচৰলৈ। অকল তুমি, মালতীবাই তুমি নথকাহেঁতেন কিজানি সেইদিনাই মই মৰি গ'লোহেঁতেন। মালতীবাই তুমি মোক ক্ষমা কৰিবা। কেতিয়াবা যে যদি তোমাক খং কৰিছিলোঁ। সঁচাকৈয়ে ক'বলৈ গ'লে তুমি মোৰ মাৰ নিচিনা।নাজানোঁ কিয় আজি তোমাক মা বুলি মাতিবলৈ মন গৈছ। তোমাৰ বুকুত সোমাই থাকিব মন গৈছে । অনুৰাধাই হুকহুকাই কান্দি দিলে।
: মাজনী নাকান্দিবা। যোৱা তোমাৰ এই মা তোমাৰ বাবে বাহিৰত অপেক্ষা কৰি থাকিব। ঠিক এই সময়তে অনুৰাগ ওলালহি।
: ৰাধা চোৱা দাদা পালেহি। এতিয়া মন বেয়া নকৰিবা ।
ফৰ্মখনত অনুৰাগে চহী কৰি দিলে। অনুৰাধাৰ লগত অ.টি লৈ সোমাই গ'লোঁ ।বাহিৰত অনুৰাগ আৰু মালতীবাই অপেক্ষা কৰি থাকিল। সময়বোৰ যেন আগনবঢ়া হ'ল। অনুৰাগে আকৌ এবাৰ ৰুবুলৰ ফোন লগালে।
: হেল্ল ৰুবুল যোৱা কালিৰ পৰা তোমাৰ ফোনটো ট্ৰাই কৰিছোঁ। তুমি ৰিচিভ কৰা নাই।
: অ ফোনটো চাইলেন্টত আছিল।
অনুৰাধাৰ হ'বলগীয়া অপাৰেচনৰ কথা বুজাই ক'লে। ৰুবুলে মাকক লৈ আহিল।
: দাদা কিবা খবৰ ? ৰুবুলে অনুৰাগক মাত লগালে।
: বিয়নী অহা নাই যে ? ৰুবুলৰ মাকে কপাল কোচ কৰি কথাষাৰ কলে।
: নাই মানে মাহত আহি আছে ।
অ.টিৰ পৰা নাৰ্চ এগৰাকী ওলাই আহিল। নাৰ্চগৰাকীয়ে ব্লাড বেংকৰ ফালে খৰখেদাকৈ গ'ল।
: পেচেন্টৰ কন্ডিছন খুব ক্ৰিটিকেল। মালতীবাইৰ ফালে চাই কৈ গ'ল।
দুঘন্টাৰ মূৰত মই অ.টিৰ পৰা ওলাই আহিলোঁ। অনুৰাগ আৰু মালতীবাই দৌৰি গ'ল।
: ৰাধা আউট অব ডেন্জাৰ আৰু লক্ষী আহিছে আমাৰ ঘৰলৈ। এজনী নহয়। দুজনীকৈ । ফূৰ্টিত কথাখিনি চিঞৰি ক'লো।
: কি দুয়োজনীয়ে ছোৱালী ? শাহুয়েকৰ আপত্তিৰ সুৰ শুনিবলৈ পোৱা গ'ল। ৰুবুলৰ মনটো সেমেকা যেন লাগিল।
শিশুদুটিক নাৰ্চ দুগৰাকীয়ে ওলিয়াই আনিলে। আইতাকৰ ওচৰলৈ নিলে। আইতাকে চাই মুখ ঘূৰাই দূৰৰ চকী এখনত বহিল।
: আইঔ মোৰ কলিজা দুজনী বুলি মই দুয়োজনীকে আকোৱালি ল'লোঁ।
মালতীবাই ওচৰলৈ আহি শিশুদুটিক মৰম কৰিলে।
: এজনী মোক দিয়া মামায়েক হোৱাৰ সুখকণ চাওঁ।
অনুৰাগে এজনী পৰী কোচত ল'লে। অনুৰাগলৈ চালোঁ। সি যে কিমান বিচাৰে এটি শিশু।
কিন্তু ?
সকলো জানোঁ!
সকলো বুজোঁ !
অনুৰাগক সত্য কথাটো ক'বলৈ সাহস নহ'ল।
যি হওঁক আজি অনুৰাগক সুখী দেখি মোৰ মনটো ভাল লাগি গ'ল।
আগলৈ..
পৃষ্ঠা ১০
অণুগল্পঃ
ক/ অপত্য স্নেহ
ঝৰ্নালী শৰ্মা বৰকটকী
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
অস্তগামী সূৰুযলৈ চাই মানুহ গৰাকীয়ে কেৱল কান্দিছে কেৱল কান্দিছে। পিতৃহাৰা শিশুটিক মানুহ কৰিবলৈ কʼত যে সংগ্ৰাম কৰিছিল তেওঁ। এদিন জীৱন যুঁজত জয়ী হৈছিল কণমানিটোক বোকোচাত লৈ লৈয়ে। এতিয়া যে তাক নেদেখাকৈ থকা দিনবোৰ কিমান কষ্টকৰ হ'ব তেওঁৰ বাবে।
কথাবোৰ ভাবি থাকোঁতেই কেতিয়ানো বেলি উদয়াচলত মাৰ গ'ল গমকে নেপালে
বৃদ্ধাশ্ৰমৰ এগৰাকী লগৰীয়াৰ মাততহে তেওঁৰ সম্বিত ঘূৰি আহিল।
খ/ শেষ ঠিকনা
পল্লৱীকা বৰুৱা
টেনপুৰ গোলাঘাট
গাৱঁৰ মাটি-ভেঁটি বিক্ৰী কৰি অকলশৰীয়া বৃদ্ধ দেউতাকক নাম পঞ্জীয়ন কৰি থৈ উভটিবলৈ লোৱাৰ সময়ত ,দেউতাকে একমাত্ৰ পুতেক- বোৱাৰীয়েকক মূৰত চুই আশীৰ্বাদ দি ক’লে,
"তোমালোকে মহানগৰীত লোৱা নতুন ফ্লেটটোত কুশলে থাকিবাগৈ ৷ এতিয়াৰ পৰা মোৰ শেষ আশ্ৰয়স্থল এই আলয়ৰ বৃদ্ধ বান্ধৱসকলৰ লগত ৷"
পৃষ্ঠা ১১
গ/ অপেক্ষা
তানিয়া মধুকল্য
দ্বিতীয় ষাণ্মাসিক, ইংৰাজী বিভাগ
বিহপুৰীয়া মহাবিদ্যালয়, বিহপুৰীয়া
পিন - ৭৮৪১৬১
আজি ৰিয়ানক দেউতাকে সুধিলে "ৰিয়ান তুমি ভালদৰে পঢ়া-শুনা কৰিছানে ? ভালদৰে পঢ়িলেহে ভাল কলেজত পঢ়িবলৈ পাবা।"
এইবুলি কৈ ৰিয়ানৰ দেউতাক ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গ'ল। সময় ঠিক ১২মান বাজিল। ৰিয়ানৰ মাকৰ ফোনটো বাজিল। ফোনটো ৰিচিভ কৰী ৰিয়ানৰ মাক হুকহুকাই কান্দিবলৈ ধৰিলে।
কিন্তু ৰিয়ান এতিয়াও দেউতাকৰ অপেক্ষাত।
ঘ/ অবাঞ্চিত
মমী বৰঠাকুৰ
গুৱাহাটী ,
ভেটাপাৰা( নন্দন পথ )
৮৩৯৯৯৮৬৬১৭ ( দূৰভাষ )
মেকুৰী পোৱালি চাৰিটা মাকৰ মৰমত ওমলি আছিল , পিৰালিত বহি থকা মানুৱে মেকুৰী পোৱালি কেইটালৈ চাই চাই ভাবি আছে জন্তুৱেও ইমান মৰম আদৰ পাই তাইহে সেই মৰমৰ পৰা বঞ্চিত কিয় বাৰু ? জন্ম হোৱাৰ পৰাই এই অনাথ আশ্ৰমখনতে আশ্ৰয় ল'ব লগা হ'ল তাই মানুহে কোৱা শুনিছে, তাই হেনো ধনী মানুহৰ সন্তান আছিল তাৰমানে তাই অবাঞ্চিত আছিল ,নে কলংক ?
পৃষ্ঠা ১২
এক মিনিটৰ গল্পঃ
পৰিচয়
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট
অজয় চলিহা আৰু তেওঁৰ বন্ধু ৰাজেন বৰুৱা। দুয়োজনে একে ওচৰা-ওচৰি কৈ ঘৰ সাঁজি থাকিবলৈ ল'লে। অজয় চলিহাৰ ল'ৰা বিতু আৰু ৰাজেন বৰুৱাৰ ছোৱালী ৰিয়া দুয়ো সমনীয়া । বিতু সৰুৰে পৰা পঢ়া -শুনাত ভাল তাৰ উপৰিও সি আন দিশতো আগবঢ়া। কিন্তু ৰিয়াই পঢ়া -শুনাতকৈ খেলা -ধূলা, ফুৰা -চকা এইবোৰ কৰি বেছি ভাল পায়। সেইকাৰণে ঘৰত মাকে বিতুৰ উদাহাৰণ দি তাইক গালি পাৰে। তাইৰ পেটে পেটে হিংসা লাগে মাকে বিতুক তাইতকৈ বেছিকৈ মৰম কৰে কাৰণে। মাকৰ কথা শুনি তাই মাকক ক'লে পঢ়া -শুনাত ভাল হ'লেই যে সি ভাল ল'ৰা বুলি তুমি কেনেকৈ জানিলা । সেইবাবে বিতুৱে মাতিলেও তাই তাক ভালদৰে নামাতে । এদিনাখনৰ কথা কলেজ ছুটিৰ পাছত তাই বান্ধৱী ৰীতাৰ ঘৰলৈ গৈছিল। ঘৰলৈ অহাৰ সময়ত বতৰ ডাৱৰীয়া হৈ থকা কাৰণে বাটত কোনো নথকাৰ সুবিধা লৈ কেইটামান দুষ্ট ল'ৰাই আগছি ধৰি বেয়া কথা কৈ জোকাইছিল। তাইৰ বৰ ভয় লাগিছিল, তেনে সময়ত বিতু সেইফালেদি বাইক লৈ আহি থাকোতে তাইক দেখি তাইৰ কাষত বাইকখন ৰখালে পৰিস্থিতি ভাল নেদেখি ৰিয়াক ক'লে "ৰিয়া তই ইয়াত কি কৰিছ বতৰ বেয়া কাৰণে তোক নিবলৈ আহিছো।" এই বুলি কৈ তাইক হাতত ধৰি বাইকত বহাই ল'ৰা লৰি কৈ বাইক চলালে। বাটত আহি থাকোতে সি তাইক ক'লে "তুমি বেয়া নেপাবা পৰিবেশটোৰ কাৰণে তোমাক এনেকৈ আনিব লগা হ'ল।" তাই মনতে ভাবিলে সি নথকা হ'লে আজি তাইৰ কি হ'ল হেঁতেন। তাই বুজিলে বিতু যে
প্রকৃততে এটা ভাল ল'ৰা। তাই বিতুক ক'লে মই তোমাক বেয়া পোৱা নাই। আজি তুমি মোক বহুত ডাঙৰ সহায় কৰিলা। তাই বুজি পালে বিপদত পৰিলেহে মানুহৰ আচল পৰিচয় পোৱা যায়। তাই বিতুক ধন্যবাদ জনাই এটা মুকলি মন লৈ ঘৰমুৱা হ'ল।
পৃষ্ঠা ১৩
আশাৰ সমাধি
সীতা দেৱী,
বিহপুৰীয়া, লখিমপুৰ (অসম), ৭৮৪১৬১
আজি বহুদিনৰ পৰা মনটো গধূৰ হৈ আছে। এক অজ্ঞাত বুজাব নোৱাৰা চিন্তাৰ কাৰণে মনটো অস্থিৰ বেদনাসিক্ত হৈ পৰিছে। কোনো কামতেই উৎসাহিত হ'ব পৰা নাই।সজাত বন্দীহৈ থকা চৰাইৰ দৰে ঘৰতে সোমাই থকা আজি দুমাহৰ বেছি হ'ল। কোনো মানুহৰ আহ-যাহ নাই। নিতান্তই ওলাই যাব লগা কামৰ বাদে কলৈকো যোৱা নাই। ফোনক'লবোৰো ভাল নলগা হ'ল। লাগ বান্ধ নোহোৱা চিন্তাবোৰে বৰকৈ আমনি কৰা হ'ল।
খিৰিকীখন মেলি দিওঁতে গম পালো সন্ধ্যা কেতিয়াৱাই হ'ল। ফৰকাল আকাশখনত জোনাক, তৰাবোৰ তিৰবিৰাই আছে। মাজে মাজে শুকুলা ডাৱৰ। আকাশৰ মায়াপী দৃশ্য। মই মন্ত্ৰমুগ্ধ হৈ পৰিলোঁ। এনেকুৱা এক উজ্বল সন্ধিয়া ৰিমঝিমে মোক ফোন কৰি তাইৰ প্ৰতি থকা মোৰ আন্তৰিকতাক সঁহাৰি জনাইছিল। লাহে লাহে আমাৰ সম্বন্ধ গাঢ় হৈছিল। প্ৰেমৰ মিঠা মিঠা কথাৰে কলেজ, কেন্টিন আৰু পাৰ্কত সময় পাৰ হৈছিল। জীৱনত কেতিয়াও এৰা এৰি নোহোৱাৰ প্ৰতিশ্ৰুতিৰে সময় পাৰ হৈ থাকোতেই হঠাৎ ৰিমঝিম এদিন কলেজলৈ অহা নাছিল। ফোন বন্ধ আছিল। পিছদিনাও নাই... নাই যে নাই। কোনো খবৰও নাই। কোনেও নাজানে । তাইক মই বিচাৰি নাপালোঁ। কিন্তু মোৰ বিশ্বাস ম্ই তাইক লগ নিশ্চয় পাম। এনেকৈ ৫বছৰ পাৰ হ'ল। মই তাইক এক মূহুৰ্তৰ বাবেও পাহৰিব পৰা নাই। এনেতে মোৰ চাকৰি হ'ল। অন্য এখন চহৰত। চাকৰিত যোগদান কৰি তাতেই থাকিবলৈ ললো। হঠাৎ এদিন ৰিমঝিমক পাৰ্ক এখনত লগ পালো। তাই মোক দেখি চিঞৰি কান্দি উঠিছিল আৰু গোটেই কথা ক'লে। মোৰ লগত শেষ বাৰৰ বাবে দেখা হোৱাৰ দিনাই দেউতাকৰ বদলি সূত্ৰে এই চহৰলৈ আহোঁতে পথ দুৰ্ঘটনাত মাক দেউতাকৰ মৃত্যু হৈছিল আৰু তাই ভৰি দূখন হেৰুৱাই পেলাইছিল। তাই পঙ্গু হৈ পৰাৰ বাবে মোৰ লগত যোগাযোগ অব্যাহত ৰখা নাছিল। মই শিল পৰা কপৌৰ দৰে হ'লো। বৰ দুখ লাগিল। লগে লগে ম্ই তাইক কোচত উঠাই মন্দিৰত বিয়াখন পাতি মোৰ ঘৰলৈ আনিলো।
সুখেৰে দিন পাৰ হৈ থাকোতেই হঠাৎ এদিন অঘটন ঘটিল। ৰিমঝিমে বুকুখন বিষাইছে বুলি কন্দা কটা কৰাত মই তাইক চিকিৎসালয়ত ভৰ্তি কৰালো। চিকিৎসকে পৰীক্ষা কৰি ক'লে তাই আৰু নাই। মই স্তব্ধ হৈ পৰিলোঁ।
পৃষ্ঠা ১৪
অনুবাদ কবিতা ঃ
TO AUTUMN
(John keats)
Season of mists and mellow fruitfulness,
Close bosom-friend of the maturing sun;
Conspiring with him how to load and bless
With fruit the vines that round the thatch -eves run;
To bend with apples the moss'd cottage -trees,
And fill all fruit with ripenes to the core;
To swell the gourd, and plump the hazel shells
With a sweet kernel; to set budding more,
And still more, later flowers for the bees,
Until they think warm days will never cease,
For summer has o'er -brimm'd their clammy cells.
Who hath not seen thee oft amaid thy store ?
Sometimes whoever seeks abroad may find
Thee sitting careless on s granary floor,
Thy hair soft -lifted by the winnowing wind;
Or on a half-reap'd furrow sound asleep,
Drows'd with the fume of poppies, while thy hook
Spares the next swath and its twined flowers:
And sometimes like a gleaner thou dost keep
Steady thy laden head across a brook;
Or by a cyder -press, with patient look,
Thou watchest the last oozings hours by hours.
Where are the songs of spring ? Ay, where are they ?
Think not of them, thou hast thy music too,-
While barred clouds bloom the soft -dying day,
And touch the stubble -plains with rosy hue;
Then in a waitful choir the small gnats mourn
Among the river sallows, borne aloft
Or sinking as the light wind lives or dies;
And full -grown lambs loud bleat from hillybbourn;
Hedge-crickets sing; and now with treble soft
The red breast whistles from a garden-croft;
And gathering swallows twitter in the skies .
শৰতৰ প্ৰতি
(মূল- To Autumn by John Keats
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)
শিশিৰকণা আৰু পকাফলৰ বোজা বৈ অনা ঋতু,
আদহীয়া সূৰুযৰ বুকুৰ বান্ধৱী তুমি,
তেওঁৰেই লগত কৰি অভিসন্ধি, কৃষকৰ চালিত ওলোমাই
বন-লতিকা ফলেৰে ভৰাবলৈ আশিস বৰষি;
ফলেৰে দোঁৱাবলৈ পঁজাৰ কাষৰ শেলুৱৈ ধৰা আপেলৰ ডালি,
আৰু ফলবোৰো শাহলৈকে পকাবলৈ টুল-টুলীয়া কৰি,
পূৰঠ কৰিবলৈ লাও আৰু আখ্ৰোটৰ ভিতৰ মিঠা গুটি,
ফুলাই ৰাখিবলৈ শেহতীয়া ফুল আৰু ফুলিব ধৰা কলি
মৌ-মাখিবোৰে যাতে নাভাবে এইবোৰ শেষ হ'ল বুলি,
যিহেতু সেই কোষবোৰ, গ্ৰীষ্মত সুধাৰে পৰিছিল উপচি ৷
কোনেনো দেখা নাই তোমাক, তোমাৰ ঐশ্বৰ্যৰ মাজত ?
কেতিয়াবা দূৰত বিচৰাজনে দেখা পাব পাৰে
সহজভাৱে বহি থকা তোমাক ভঁৰালৰ মজিয়াত,
ধানৰ পতান গুচোৱা বতাহত লাহেকৈ উৰা চুলিৰে,
অথবা আধাদোৱা পথাৰৰ সীৰলুত আফুৰ ধোৱাৰ আৱেশত
গভীৰ টোপনিত, যেতিয়া হালি-জালি থকা ফুলেভৰা
আন শাৰীবোৰ থাকে তোমাৰ বেষ্টনীৰ বাহিৰত:
আৰু কেতিয়াবা তুমি, লেছেৰি বোটলাজনৰ দৰে,
বজায় ৰাখা স্থিৰতা বোঁৱতী জুৰিৰ মাজত;
অথবা আপেল চেপা শালৰ কাষত, স্থিৰ দৃষ্টিৰে তুমি,
চাই থাকা শেষ টোপাল ৰস ওলোৱালৈ, বহু সময় ধৰি ৷
বসন্তৰ গানবোৰ ক'ত ? হেই, সেইবোৰ ক'ত?
সেইবোৰৰ কথা নাভাবিবা, তোমাৰ নিজৰো যে গান আছে -
যেতিয়া টুকুৰা ডাৱৰবোৰ উজ্বলে বিয়লিৰ কোমল আভাৰে,
আৰু নৰা ভৰা পথাৰবোৰত গোলাপী ৰহন সানে,
তেতিয়া এক কান্দোনৰ সুৰেৰে জিলীবোৰে বিনায়
নৈ পৰীয়া গছৰ মাজত, মৃদু বতাহৰ তালে তালে
ওপৰত উৰি থাকি, অথবা পৰি থাকি -বতাহ নবলিলে,
পাহাৰৰ ডাঙৰ ভেড়াবোৰে মে মে চিঞৰে,
জোপোহাৰ মাজত চিঁ-চিঁয়াই ফৰিংৰ দলে,
বুকু ৰঙা ৰবিনটোৱে মিহিকৈ সুহুৰিয়াই ডালত বহি,
আৰু চাকৈ-চকোৱাবোৰে গান গায় আকাশ আৱৰি ৷
( মূল দুবছৰৰ আগতে লিখা বিখ্যাত ৰোমাণ্টিক কবিজনৰ কবিতাটিত বহু অনুবাদ কাব্যপ্ৰেমীসকলে নিশ্চয় পঢ়িছে ৷ তাৰেই শাব্দিক অনুবাদৰ এক প্ৰয়াস)
(জন স্কীটস উনৈশ শতিকাৰ প্ৰাৰম্ভিক কালৰ বাইৰণ, শ্বেলী আদিৰ লগৰ এগৰাকী বিখ্যাত ইংৰাজ ৰোমাণ্টিক কবি ৷ ১৭৯৫ চনত তেওঁৰ জন্ম হৈছিল আৰু যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মাত্ৰ ২৫ বছৰ বয়সতে ১৮২১ চনত মৃত্যুমুখত পৰে ৷ এই কম সময়ৰ ভিতৰতে তেওঁ ভালেখিনি ৰোমাণ্টিক কবিতাৰে লেখত ল'বলগীয়া অৱদান আগবঢ়াই যাবলৈ সক্ষম হয় ৷ ১৮১৯ চনত লিখা ওপৰোক্ত কবিতাটো কীটসৰ ১৮২০ চনৰ কাব্য সংকলনত প্ৰকাশ পাইছিল ৷)
পৃষ্ঠা ১৫
নহয় মিষ্টাৰ লৰেন্স, নহয়
মূলঃ ৰামধাৰী সিং "দিনকৰ"
অনুঃ জীতেন নৰহ
(ৰাষ্ট্ৰকবি ৰামধাৰী সিং “দিনকৰ’’-(১৯০৮-১৯৭৪)ৰ জন্ম ২৩ চেপ্তেম্বৰ ১৯০৮ চনত বিহাৰৰ মুংগেৰ জিলাৰ চিমৰিয়া ঘাট নামৰ গাঁৱত হৈছিল।তেখেতৰ স্কুলীয়া শিক্ষা মোকামা ঘাটৰ স্কুলত হয়। পাটনা কলেজৰ পৰা ইতিহাস বিষয়ত অনাৰ্চ লৈ বি.এ পাছ কৰে। এখন বিদ্যালয়ৰ প্ৰধানাচাৰ্য, চাব-ৰেজিষ্ট্ৰাৰ,জন-সম্পৰ্ক বিভাগৰ উপ নিৰ্দেশক, ভাৰত চৰকাৰৰ হিন্দী উপদেষ্টা আদি বিভিন্ন পদত থাকি তেখেতে নিজৰ প্ৰশাসনিক যোগ্যতাৰ পৰিচয় দিছিল।সাহিত্য সেৱাৰ বাবে তেখেতক বিশ্ববিদ্যালয়ে ডি.লিট উপাধি প্ৰদান কৰিছিল। সাহিত্য অকাদেমী,জ্ঞানপীঠ বঁটাৰ ওপৰিও ভাৰত চৰকাৰে তেখেতক পদ্মভূষণ উপাধি প্ৰদান কৰি সন্মানিত কৰে।)
নহয় মিষ্টাৰ লৰেন্স ! নহয় ।
কথাটো ঠিক তেনেকুৱা নহয়,
যেনেকৈ আপুনি কৈছে।
প্ৰেমৰ বিষয়ে দুই-এটা কথা ময়ো জানোঁ।
আৰু বেয়া যদি নাপায় ক'ব পাৰোঁ যে
প্ৰেমক মই আপোনাতকৈ অলপ বেছিকৈয়ে চিনি পাওঁ।
যিমানটো মই জানিছোঁ
সেইটো এয়া যে
প্ৰেমক আপুনি বহুত বেছি সুন্দৰ বুলি কৈছে।
আপুনি নিজেই জানে যে
কিছু কথা আছে
যাক আপুনি লুকুৱায়।
উদাহৰণ,
ইয়াৰ ঢৌৱে আনন্দ দিয়ে
এবাৰতকৈ অধিকবাৰ নহয়,
এইকাৰণে, প্ৰেম একৰস মাত্ৰ
বাৰে বাৰে আনন্দ দায়ক নহয়।
পৃষ্ঠা ১৬
ৰজা আহে যায়
মূল বাংলাঃ বীৰেন্দ্র চট্টোপাধ্যায়
অনুবাদঃ বাসুদেব দাস
ৰজা আহে যায়, আহে আৰু যায়
ৰঙা চোলা গাত, নীলা চোলা গাত
এই ৰজা আহে, সেই ৰজা যায়
চোলা কাপোৰৰ ৰঙ সলনি হয়,
দিনৰ সলনি নহয়
গোটেই পৃথিৱীক গিলি খাব বিচাৰে
সেই যে নাঙঠ ল'ৰাটো
কুকুৰৰ লগত ভাত লৈ তেওঁৰ কাজিয়া চলিছে,
চলিব
পেটৰ ভিতৰত তেতিয়া যে জুই জ্বলিছে
এতিয়াও জ্বলিব
ৰজা আহে যায়, আহে আৰু যায়
চোলা কাপোৰৰ ৰঙৰ সলনি হয়
দিনৰ সলনি নহয়
বলীয়া মেহেৰ আলি
দুই হাতত দিয়ে চাপৰি
এই বাটত সেই বাটত
এই নাচে সেই গান গায় –
সব ঝুঠ হ্যায়, সব ঝুঠ হ্যায়
ঝুঠ হ্যায়, সব ঝুঠ হ্যায়
জননী জন্মভূমি
সকলো জানি সকলো শুনিও অন্ধ তুমি
সকলো জানি সকলো শুনিও বধিৰ তুমি
তোমাৰ নাঙঠ ল'ৰাটো
কেতিয়া যি হৈছে মেহেৰ আলি
কুকুৰৰ ভাত আঁজুৰি আনি খায়
কুকুৰক দিয়ে হাত-চাপৰি
তুমি সলনি নহোৱা, সিও সলনি নহয়
অকলে মুখাৰ ৰং সলনি হয়
অকলে মুখাৰ ঢং সলনি হয়…
পৃষ্ঠা ১৭
কবিতাঃ
নাও
দীপজ্যোতি দাস
বালিচৰত বহি ৰৈ থাকো
উভতি আহিব বুলি নাওখন
টিঙত আঁৰি লৈ একেটি বেলি
নাওখন উভতি নাহে
ঢৌবোৰ আহে
মোৰ ছাঁক বিচাৰে
ঢৌৰ স’তে শংখবোৰ পাৰলৈ আহে
মোৰ ভৰিৰ কাষৰত খেলে
মোক কিবা কয়
আকৌ উভতি যায়
ঢৌৰ স’তে সিহঁতবোৰে
কি কৈ যায় বুজিবলৈ চাওঁ
নাওখন যি গ’ল আৰু উভতি নাহিল
শংখবোৰে হয়তো জানে
কিয় উভতি নাহিল
কিয় উভতি নাহে আন বহুতে
পাৰত পৰি থকা পুৰণি শংখ এটি
তুলি লৈ ফুৱাই চাওঁ
আস্ফালন কৰি উঠে
কত জীৱনে হিয়া উজাৰি।
পৃষ্ঠা ১৮
উৰ্মিলাৰ জলজ কথা, পানী দুচকু...
শ্যামলিমা চেতিয়া
শিৱসাগৰ
আজি তোমাৰ সতে কথা হ’ম উৰ্মিলা
আজি কাণপাতি শুনিম তোমাৰ জলজ কথা
এয়া ধৃষ্টতা মোৰ...
জানো, মিচিকিয়াই হাঁহিছা ৷
আচলতে তুমি জয়ী হৈ থাকিলা
সকলোৰে উপেক্ষা নেওচি
প্ৰেমৰ নতুন গদ্য ৰচিলা ৷
কেনেকৈ উৰ্মিলা
কেনেকৈ পানী দুচকুৰে
জলদ মনেৰে প্ৰতিক্ষণে লক্ষ্মণক প্ৰদক্ষিণ কৰিলা !
তুমি দেখিছিলা লক্ষ্মণৰ আহত প্ৰেম...
বুজিছিলা, স্বজ্ঞানে কিদৰে নিধন কৰিছিল লক্ষ্মণে প্ৰেমাকুল লক্ষ্মণক !
হয়তো দেখিছিলা
হয়তো বুজিছিলা
যাৰ বাবে সকলোৰে উপেক্ষা
এনেকি সৌমিত্ৰৰো উপেক্ষা
অপেক্ষাত সোণ হৈ
জলমল বাখৰ হৈ
উজলাই তুলিলা ৷
উৰ্মিলা, কি বিচাৰিছিলা লক্ষ্মণক
বনবাসৰ শেষত...
পাৰ হৈ গ’ল দেখোন অমূল্য চৈধ্য বছৰ...
তোমাৰ পানী দুচকুৱে মোক খেদি ফুৰে উৰ্মিলা
বিভ্ৰান্ত হওঁ মই
কিবা এটা কোৱা
উপহাস নকৰিবা
উৰ্মিলা...
( উৰ্মিলাই হাঁহিলে, পানী জলমল এটি শেঁতা হাঁহি ৷ এৰা, প্ৰেমৰ গদ্য ৰচা কি ইমান সহজ কথা...)
পৃষ্ঠা ১৯
ক’লা মানুহজন
দীপান্বিতা দেৱী
চিপাঝাৰ, দৰং,
ফোন- ৬৯০১৭১৩৫১০
তেওঁক চাবলৈ, চুবলৈ, মাতিবলৈ
এওঁ ঘিণ কৰে ৷ কাৰণ,
তেওঁ দেখিবলৈ এঙাৰৰ দৰে ক’লা
এওঁ বগা৷
ক’লা মানুহজনৰ দৰে এদিন
বগা মানুহজনেও এই সংসাৰ এৰিব লাগিব
এৰিব লাগিব পুত্ৰ, পৰিবাৰ, অগাধ সম্পত্তি
বগা হৈয়ো অন্তৰত থকা ভেদাভেদৰ এলান্ধুবোৰে
কৰিছে এওঁক তেওঁতকৈও অধিক ক’লা
তেওঁৰ স’তে এওঁৰ পাৰ্থক্য ক'ত ?
এওঁৰ মুক্তি ক'ত ?
ক’লা মানুহজনে কেতিয়াবাই মুক্তি পালে
কাৰণ নাছিল তেওঁৰ কোনো ঈৰ্ষা, আক্ষেপ
নাছিল কাৰোৰে প্ৰতি বিদ্বেষ ৷
ক’লা বুলি হাঁহিলে খাতিছিল মাথোঁ ঈশ্বৰক
সেয়ে হয়তো ঈশ্বৰৰ চৰণতে তেওঁৰ মুক্তি হ’ল ৷
বগাজনৰ মুক্তি ?
ক’লা অন্তৰত নকৰে যে বাস ভগৱান
কাৰণ ভগৱান জ্যোতিৰ জ্যোতি ৷
পৃষ্ঠা ২০
শ্বাশ্বতী সুৱাস
সঙ্গীতা শৰ্ম্মা
গোলাঘাট, বৰপথাৰ
জেঠৰ ধেনুভিৰিয়া আবেলিটোত
তোৰ দেহৰ কেঁচা মাটিৰ গোন্ধটোৱে
বৰকৈ আমনি কৰে
মন মতলীয়া কৰি দেহত
বিজুলী সঞ্চাৰ কৰে
তোৰ ৰ'দে পোৰা পিঠিটোত
চহা খাটি খোৱা অসমীয়াৰ বিজয়ৰ নিচান
তোৰ এই তামবৰণীয়া দেহাটোৰ
মই আজন্ম প্ৰেয়সী হৈ ৰ'ম
নাঙলৰ সীৰলুত চহ কৰা পথাৰৰ
মই দাৱনী হৈ ৰ'ম
আঘোণৰ পথাৰৰ সোণগুটি চপাই
বোপা ককাৰ ভড়ালত থম
পদূলিমুখত নয়নতৰা হাঁহিটিৰ সন্ধ্যাৰাগিণীত
দুয়ো দুচকুৰ জুৰ পেলাম
আঁউসীৰ নিশাবোৰত তই মোৰ লগত
থাকিবি
শেৱালীৰ স্মিত সুগন্ধত
মনৰ কথা কম
বাৰিষাত নৈ পানী বঢ়াৰ দৰে
একুকি একুকি কৰি আমাৰ মৰমবোৰ বাঢ়িব
আমাৰ জীৱনতো নামিব এজাক প্ৰেমৰ বৰষুণ
জোনাকৰ বৰষুণত দুয়ো তিতিম একেলগে
তোৰ বিশাল হৃদয় খনত মুখ গুজি পাৰ কৰিম বিষাক্ত কীটে কুটি খোৱা জীৱনটোক
এটি নতুন কবিতাৰ সপোন লৈ কঠীয়া সিঁচিম
গুটি ধান ভৰপক দিলেই এনাজৰী বান্ধিম
শাশ্বতী সুৱাসৰ সাতোৰঙী ৰামধেনুৰ।
পৃষ্ঠা ২১
পোহৰ
শ্ৰী দিপ্লু শৰ্মা
গুৱাহাটী, বশিষ্ঠ
পোহৰ, পোহৰ
লেমৰ পোহৰ ,
আজিও মনত আছে
তাহানিৰ সৌ চোতালত,
থকা লেমটোৰ পোহৰ ।
অন্ধকাৰত ডুবি থকা
আহল-বহল চোতাল খন ,
লেমৰ পোহৰে কৰি তোলে জ্বলমল ।
উজ্বলি উঠে বিশাল চোতালখন ।
ঢাৰিত বহি
পাতিছিলো নানা
ৰসিক মেল ।
সৌ যেন তাহানিৰ
এক স্মৃতিৰ খেল ।
জোনাকী পৰুৱাৰ,
তিৰবিৰ পোহৰ
চোতালত উজ্বলে
লেমটোৰ পোহৰ ।
সন্ধিয়া হ'লেই লাগে ,
লেম বিচাৰ
মুচি -কাঁচি থোৱা লেমটোৱে
কৰে চোতাল পোহৰ ।
পোহৰ, পোহৰ
লেমৰ পোহৰ ।
পৃষ্ঠা ২২
ইউকেলিপ্তাছ
জেপোলিন ৰাজকুমাৰী
মাটিৰ আকৰ্ষণ ইউকেলিপ্তাছ
নদীৰ আকৰ্ষণ ইউকেলিপ্তাছ
চৰাইৰ আকৰ্ষণ ইউকেলিপ্তাছ
বতাহৰ বুকুৱে বয় ইউকেলিপ্তাছ
বৰষুণে ঝৰঝৰাই চুমা যাছে ইউকেলিপ্তাছ
আকাশেদি প্ৰবাহমান নিত্যৰংগ
প্ৰতিচ্ছায়া বিশেষ
ইউকেলিপ্তাছ
সুৰৰ দীঘলীয়া সুহুৰি
মাটিৰে ৰং সানি ঈগলীয় দুপাখি
পানীৰ ফুল আকাশত সিঁচি
সী ল'বলৈ
ইউকেলিপ্তাছ
সাগৰীয় পৃথিৱী ৷৷
পৃষ্ঠা ২৩
ক'ৰবালৈ যাওঁ ব'লা
গীতাঞ্জলি দেৱী
ক'ৰবালৈ যাওঁ ব'লা
আজিয়েই , ঠিকনা নোহোৱা এখন ঠাইলৈ
তুমি হেৰাব পাৰা
ময়ো
মোৰ হেৰাবলৈ ভয় নাই
যাত্ৰাটো দূৰ্গম হ'ব পাৰে
ভয় নাখাবা
যাত্ৰাৰ শেষত আমি উশাহ ল'ব পৰাকৈ এখন পৃথিৱী পাম
তুমি তোমাৰ কথাবোৰ ক'বা
আৰু মই মোৰ
নুলুকুৱাবা একো
যি কথা ক'ম বুলিও তোমাৰ কেতিয়াও কোৱা হোৱা নাই
বুকুত ভৰ লৈ থকা কথাবোৰ কৈ তুমি উচুপি উঠিবা
মই জানো তুমি উচুপিবা
মোৰ সৰল বিশ্বাসৰ হাতখন সাৱটি
তুমি ক'ব পাৰা তোমাৰ ক'ব লগাবোৰ
মোৰো আছে অনেক কথা
যাৰ ভৰত মই মাজে-মাজে দোঁ খাই যাওঁ
উশাহ ল'বলৈও চোন কষ্ট পাওঁ
এনেকৈতো নহয়
এনেকৈতো নোৱাৰি
তথাপি নোৱাৰোঁ চোন নিজৰ মাজৰ পৰা আঁতৰি থাকিব
সেয়ে কৈছোঁ ক'ৰবালৈ যাওঁ ব'লা ।
পৃষ্ঠা ২৪
স্মৃতিৰ লুণীয়া ঘাম
অসমা টুংখুঙীয়া
নামতি
মোৰ হেঙুলী বৰণৰ ফালে
আগবঢ়া গাখীৰতী হেঁপাহবোৰ
হাতৰ মুঠিৰ পৰা সৰকি
ওলাই যাব বিচাৰে ।
শুকান পাতৰ তলত
লুকুৱাই ৰাখিছিলোঁ
এটা বাঁহীৰ কৰুণ সুৰ ।
স্মৃতিৰ তিক্ততা খিনি
গিলি মই হৈ পৰিছোঁ নীলকণ্ঠ।
চকুৰে বৈ যায়
লুণীয়া শোণিতৰ ঈষদুষ্ণ নিটোল নদী
অবিৰত ।
পৃষ্ঠা ২৫
মেঘে গিৰ গিৰ কৰে
তপন দাস
তিনিচুকীয়া, ৮০১১৮৫০০৪১
মেঘে গিৰ গিৰ কৰে
কাৰ বিষাদৰ অনুতাপত
আকাশে কান্দে ?
দূৰণিৰ কৰবাত পাহাৰ ভাঙি পৰে
লুইতৰ দুটি পাৰ উফন্দি উঠে
অ ' মেঘে গিৰ গিৰ কৰে ।
উৱলি যোৱা পজাটি মোৰ
জহি-খহি পৰে
আঘাত হানিব খোজা
এটা অথচনকোৱাই
শতৰু কলিজা ভাঁঙে
অ' আই কাৰ কপালত
জুঁই সানে ।
হেজাৰ হেজাৰ কৃৰ্ষকৰ
তেজ ধলা পথাৰ খনিত
আউসীয়ে বাটভেটি ধৰে
আই মোৰ বুকু কপি উঠে
মেঘে গিৰ গিৰ কৰে ।।
পৃষ্ঠা ২৬
সুধাকণ্ঠ
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়
এটা জীৱন্ত নাম
সুধাকণ্ঠ
যাৰ সুৰৰ লহৰে লহৰে
গীতৰ ভাঁজে ভাঁজে
প্ৰবাহমান
অসীম সাহস আৰু স্বদেশ প্ৰীতি
সুধাকণ্ঠ
তুমি বৈ আছা
বতাহৰ দৰে
নদীৰ দৰে
হৃদয়ে হৃদয়ে
প্ৰাণে প্ৰাণে
আমাৰ উশাহে বতাহে ।
পৃষ্ঠা ২৭
লাজুকী প্ৰেমিকা
পংকজ ৰাজ (ৰৱি)
লাজুকী প্ৰেমিকা!
এবাৰ প্ৰেমত পৰি চাও ব'লা!
কিজানি প্ৰেমেই আমাক বুজাই জীৱন কি ?
জীৱন বৰ অনুপম ! কিন্তু সেই অনুপমৰ সৃষ্টি কৰ্তা কোন ?
তুমি নে মই ?
আচলতে নিলাজ যেতিয়া হয়,
তেতিয়া বুজা যায় অনুপমৰ অৰ্থ কি !
আহা না, পাৰ্কত কথা পাতো টি চাৰ্ট মিলাই মিলাই!
কেতিয়াবা বগা কেতিয়াবা ৰঙা!
কেতিয়াবা মন খুলি খাৰ খোৱা হোটেলত কথা পাতিম
অৰ্ডাৰ কৰিম চিকেন চাওমিন আৰু চিকেন টণ্ডুৰি!
লাজ এৰি দিয়া, কিয়নো নিলাজ হ'লে বুজিবা জগত কি ?
দুয়ো দুয়োকে বুজিম দুয়ো দুয়োকে চিনিম
কাৰণ আমি নেজানো অভিমান কি ?
ৰাতি পোহৰ কৰি ফোন কৰাৰ কাৰণ কি!
আমি জানো নিলাজ পৃথিৱীত সঁচা প্ৰেমৰ সংজ্ঞা !
নিলাজ পৃথিৱীত জীয়াই থকাৰ উৎসাহ !
লাজুকী প্ৰেমিকা এবাৰ প্ৰেমত পৰি চাওঁ ব'লা!
পৃষ্ঠা ২৮
শৰৎ আৰু তুমি
অনামিকা শইকীয়া
যোৰহাট
তোমাৰ দুবৰিৰ দলিচাত
এপাহ শেৱালি হৈ সৰিম
সুঘ্ৰাণেৰে সন্ধিয়া তোমাৰ পদুলিত
শুকুলা আৱৰণ পিন্ধিম
নিয়ঁৰৰ মুকুতাৰে আভৰণ সাজি
তোমাৰ পদুলিলৈ শাৰদী আনিম
কঁহুৱাৰ সৈতে কথা হ’ম শৰতৰ
আহিনৰ ভিজা ভিজা সন্ধিয়াৰ পৰশত
শুভ্ৰ নিয়ঁৰে কাণে কাণে গাই যায়
সমীৰণৰ সুৰ তুলি হৃদয়ত ঝংকাৰ
তুমি অহাৰ বাটেৰে ৰৈ থাকিলোঁ মই
নিৰিবিলি পদুলিত জীৱনৰ ৰং সলায় ।
পৃষ্ঠা ২৯
গীতি কবিতাঃ
নীলিম নীলিম
অজিত দাস
মীৰ্জা কামৰূপ
নীলিম নীলিম
তোমাৰ বুকুত
আঁকিম তোমাৰেই ছবি,
জোনাকত ৰচিম
প্ৰেমৰ ভাষাৰে
মইয়েই অনামি কবি l
মইয়েই অনামি কবি l
নীলিম নীলিম...
মৃদু মলয়াই
আনিছে সুবাস
আঁকিছে শৰতৰ ছবি,
সপোনে দিঠকে
কৰিছে আমনি
মইয়েই শৰতৰ শেৱালি l
মইয়েই শৰতৰ শেৱালি l
নীলিম নীলিম....
শীতল জোনাকে
পাবহি বাতৰি
ধৰাতেই আছে স্মৃতি,
অতীতক পাহৰি
নাযাবা আঁতৰি
শৰৎ আহিছে উভতি l
শৰৎ আহিছে উভতি l
নীলিম নীলিম....
পৃষ্ঠা ৩০
শিশু বিশেষঃ
যোগ পৰিচয়ঃ ৫
যোগ (শিশুৰ বাবে)
চিন্ময়ী দাস
কামৰূপ অসম
‘ৰাজ যোগ’ত কৈছে- ‘যোগ চিত্ত বৃত্তি নিৰুধঃ’ , যোগেৰে আমাৰ কৰ্ম শুদ্ধ হয় আৰু শুদ্ধ কৰ্মৰে আমাৰ চিত্ত বা মন শুদ্ধ হয়। যোগশাস্ত্ৰত শৰীৰক তিনিটা ভাগত ভাগ কৰিছে - ৰজ, তম আৰু সাত্বিক। ইয়াৰে নিয়ন্ত্ৰণ আৰু নিৰাময়ৰ অৰ্থে যোগঋষি পতঞ্জলীয়ে অষ্টাঙ্গ যোগ দৰ্শনত অতি সুন্দৰ আৰু সহজ উপায় বৰ্ণনা কৰিছে। যোগগুৰু পতঞ্জলীৰ অষ্টাঙ্গ যোগদৰ্শন হৈছে য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। প্ৰত্যেক শিশুকে শিশুকালতে এই অষ্টাঙ্গ যোগ দৰ্শনৰ অভ্যাস কৰালে পৰৱৰ্তীকালত মানৱ জীৱনৰ বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যাবোৰৰ পৰা মুক্ত হ’ব পৰা যায়।
শিশুৰ বাবে দুটি অতি প্ৰয়োজনীয় যোগ তলত উল্লেখ কৰা হ’ল-
১) অনুলোমবিলোম
২) ধ্যান
৩) কপাল-ভাটি
৪) বৃক্ষাসন
৫) নৌকাসন
৬) উষ্ট্ৰাসন
৭) ধনুৰাসন
৮) দণ্ডাসন
৯) ব্ৰজাসন
১০) বিৰালাসন
১১) পদ্মাসন
এই যোগকেইটি অনুশীলন কৰিলে স্মৃতিশক্তি বৃদ্ধিত বিশেষভাৱে সহায়ক হয়। কাৰণ যোগ অভ্যাসত মগজুৰ স্মৃতি শক্তিৰ কেন্দ্ৰটিয়ে প্ৰয়োজনীয় অক্সিজেন আহৰণ কৰি অধিক সুস্থ আৰু কাৰ্যদক্ষ হৈ পৰে। ইয়াৰ লগতে সহজ আসনবোৰে শাৰীৰিক বৃদ্ধিত সহায় কৰে। এজন শিশুৱে নিয়মীয়াকৈ যোগ অভ্যাস কৰিলে মগজুত "লিথিয়াম"ৰ উৎপত্তিৰ পৰিমাণ বৃদ্ধি হয়। লগতে মগজুত অৱস্থিত শৰীৰৰ এণ্ড’ক্ৰাইন পদ্ধতিৰ নিয়ন্ত্ৰণ পিটিউটাৰী গ্ৰন্থিৰ হৰমোন উৎপন্ন কাৰ্য নিয়াৰিকৈ সম্পন্ন হয়। মগজুত থকা নিউৰিণবিলাকৰ সক্ৰিয়তা বৃদ্ধি হয়। ইয়াৰ দ্বাৰা শৰীৰৰ গঠন প্ৰক্ৰিয়া শক্তিশালী হয় আৰু শিশুটি মানসিকভাৱে দৃঢ় হৈ পৰে।
যোগৰ দ্বাৰা শিশুৰ মনত কিছুমান আধ্যাত্মিক ক্ৰিয়াই কাৰ্য কৰে। শিশু অৱস্থাত আধ্যাত্মিক শক্তিৰ বিষয়ে জনাটো সম্ভৱ নহয় যদিও তাৰ জৰিয়তে শিশুৰ মনৰ পৰিবৰ্তন ঘটে আৰু তাৰ প্ৰভাৱ পৰে শিশুটোৰ স্বভাৱ-চৰিত্ৰ তথা আচৰণ-ব্যৱহাৰত।
আগলৈ...
পৃষ্ঠা ৩১
ভ্ৰমন কাহিনীঃ
মোৰ ভ্রমণ ডায়েৰী : ২৩
আন্দামান ( Havelock Island)
শমীষ্ঠা বৰ্মন, নতুন দিল্লী
আন্দামানৰ মাটিত খোজ দিয়াৰ দিনা দুপৰীয়াৰ পৰা গধূলিলৈ আমি Cellular Jail অর্থাৎ 'কালাপানী' চাই উভতি আহোঁতে ৰাতি হৈ গৈছিল ৷ পিছদিনা পুৱাই আমি Havelock Island লৈ যোৱাৰ কথা আছিল ৷ গতিকে 'হোটেল'খনলৈ গৈ পোৱাৰ লগে লগে পোনে পোনে Dining Hall লৈ গৈ তাতে মুখ-হাত ভালদৰে ধুই ৰাতিৰ আহাৰ গ্রহণ কৰিছিলোঁ ৷ 'হোটেল'খনৰ মালিকজন যিদৰে বঙ্গভাষী লোক আছিল ঠিক তেনেদৰে ৰান্ধনী দুজন আৰু সহকাৰী তিনিজনো স্থানীয় বঙ্গভাষী লোক আছিল ৷ 'হোটেল'খনত ৰাতিৰ আহাৰত সদায় আমিষ আহাৰ দিয়া হৈছিল আৰু নিৰামিষভোজী লোকৰ বাবেও পৃথককৈ নিৰামিষ ভোজনৰ ব্যৱস্থা কৰা হৈছিল ৷
পুৱা উঠি নিত্য-কর্ম কৰি গা-পা ধুই চাহ-জলপান গ্রহণ কৰিয়েই আমি অতিৰিক্ত এদিনৰ জোখৰ কাপোৰৰ টোপোলা লৈ Havelock Island অভিমুখে যোৱা চৰকাৰী জাহাজখনত উঠিবলৈ গৈছিলোঁ ৷ টিকট লোৱাৰ পাছত সুৰক্ষা কর্মীয়ে যাত্রীসকলক সুৰক্ষাৰ প্রয়োজনীয় পৰীক্ষণ কৰি জাহাজখনত উঠিবলৈ অনুমতি দিছিল ৷ জাহাজখনত স্থানীয় যাত্রীসকলৰ সৰহসংখ্যক লোক বঙ্গভাষী আছিল ৷ দুই-এজনহে দক্ষিণ ভাৰতীয় যাত্রী আছিল ৷ জাহাজখনৰ ওপৰৰ খলপত আমি টিকট পোৱা নাছিলোঁ , তলতহে পাইছিলোঁ ৷ তলৰ খলপতো বৰ ধুনীয়াকৈ বহাৰ ব্যৱস্থা কৰা আছিল ৷ কিন্তু জাহাজখন চলিবলৈ ধৰোঁতে মোৰ মূৰটো আছন্দ্রাই কৰিবলৈ ধৰিছিল ৷ বমি বমি ভাৱ এটাও অনুভৱ কৰিবলৈ ধৰিছিলোঁ ৷ সাগৰৰ পানীত জাহাজত উঠাৰ পূর্ব অভিজ্ঞতা নোহোৱা বাবে হয়তো তেনেকুৱা অনুভৱ কৰিছিলোঁ ৷ এইদৰে গা বেয়া লাগিলে Havelock দ্বীপৰ পৰা কেনেকৈ উভতি আহিম বুলি মনত শংকাও হৈছিল ৷ তেনে অৱস্থাত চকু দুটা মুদি বহি থকাই শ্রেয় বুলি ভাবিছিলোঁ ৷ প্রায় আঢ়ৈ ঘণ্টাৰ পাছত আমাৰ জাহাজ Havelock Islandৰ তীৰত উপনীত হৈছিলগৈ ৷
জাহাজৰ পৰা Havelock Islandত নমাৰ লগে লগে 'হোটেল'পৰা ঠিক কৰি দিয়া ল'ৰা এজনে আমাক গাড়ী এখনেৰে Radhanagar Beachলৈ লৈ গৈছিল ৷ সুন্দৰ অর্দ্ধচন্দ্রাকৃতিৰ Radhanagar Beachৰ পৰা সূর্য্যাস্ত হোৱা দৃশ্য বৰ সুন্দৰকৈ উপভোগ কৰিব পাৰি ৷ তাত বহু ধৰণৰ Water Sportsৰ সুবিধা আছিল৷ যেনে ; Snorkeling , Speed boats , Banana boat , Scooter rides , Scuba diving আদি ৷ আমি কেৱল Glass bottom boat ride আৰু Scooter ride কৰিছিলোঁ ৷ বাকীবোৰ আন আন দ্বীপতে কৰিম বুলি মনস্থ কৰিছিলোঁ৷
Glass bottom boat ride কৰি আমি এক অদ্ভুত অভিজ্ঞতা লাভ কৰিছিলোঁ ৷ সাগৰৰ পানীৰ তলত Coralৰ তৰপ বৰ সুন্দৰকৈ দেখা পাইছিলোঁ ৷ সৰু - ডাঙৰ বিভিন্ন ৰকমৰ সাগৰীয় মাছ ইফালৰ পৰা সিফাললৈ আপোন মনে সাঁতুৰি থকা দেখিবলৈ পাইছিলোঁ ৷ সাগৰৰ তলিৰ ঘাঁহ - বন দেখিবলৈ পাইছিলোঁ ৷ Glass bottom boat ride কৰি অহাৰ পাছত ল'ৰা - ছোৱালীকেইটাই Scooter Ride কৰিবলৈ ইচ্ছা প্রকাশ কৰিছিল ৷ কিন্তু মনত অলপ ভয়ো লাগিছিল ৷ কাৰণ Scoter Rideত কেৱল দুজন লোক থাকে ৷ যাত্রী এজনৰ লগত কেৱল চালকজন যায় ৷ ল'ৰা - ছোৱালীকেইটাক অচিনাকি চালক এজনৰ লগত সাগৰৰ মাজত অকলে এৰি দিবলৈ ভয় লাগিছিল ৷ কিন্তু এনে Ride উপভোগ কৰাৰ সুযোগ সদায় পোৱা নাযাব বুলি ভাবি প্রথমতে মই নিজে Scooter ride কৰিবলৈ গৈছিলোঁ ৷ বৰ ৰোমাঞ্চকৰ অনুভৱ হৈছিল ৷ ল'ৰা - ছোৱালীৰ সাহস বাঢ়িব বুলি সিহঁতকো এবাৰ এবাৰকৈ Scooter ride কৰিবলৈ দিছিলোঁ ৷ সিহঁতেও ভয় কৰা নাছিল ৷ বৰং আনন্দহে উপভোগ কৰিছিল ৷ দেউতাকে পিছে ভয়তে Scooter ride কৰা নাছিল ৷ মা'ক কৈছিলোঁ , কিন্তু নামানিলে ৷ দেউতা আগৰে পৰাই সাগৰ তীৰৰ এঠাইত বহি আছিল ৷ আমিও Ride কৰাৰ পাছত দেউতাৰ ওচৰলৈ গুচি আহিছিলোঁ ৷ তাৰ পাছত ল'ৰা - ছোৱালীহালে দেউতাকৰ লগত সাগৰৰ পানীত নামি কিছুপৰ আনন্দ উপভোগ কৰিছিল ৷ মই আৰু মা - দেউতা সাগৰ তীৰত কিছুপৰ বহি লৈছিলোঁ ৷ তাৰ পাছত তাৰ পৰা উঠি সাগৰৰ তীৰত কিছুপৰ খোজ কাঢ়িবলৈ ধৰিছিলোঁ ৷ সাগৰ তীৰৰ পৰা দূৰত পূর্বদিশে শিলেৰে ভৰা দীঘলীয়া ঠাই এডোখৰ চকুত পৰিছিল ৷ সেয়া হেনো বিজয়নগৰ Beach , য'ত বিভিন্ন গছ - গছনি বিভিন্ন ধৰণৰ চৰাই - চিৰাকটি বসবাস কৰে ৷
সাগৰ তীৰত সৰু এখন বজাৰ আছিল ৷ চিনস্বৰূপে টুক - টাক দুই - এপদ বস্তু বজাৰখনৰ পৰা কিনি লৈছিলোঁ ৷ বজাৰখনত বেচোঁতাসকল সৰহ সংখ্যক বঙ্গভাষী মহিলা আছিল ৷ তেওঁলোকৰ কিছুমানৰ গিৰিহঁতসকলে কাষতে নাৰিকলৰ পানী বিক্রি কৰি আছিল ৷ আমি নাৰিকলৰ পানী খাইছিলোঁ ৷ দেউতাকৰ লগত ল'ৰা - ছোৱালীকেইটা সাগৰৰ পানীৰ পৰা উঠি অহাৰ পাছত সিহঁতৰ কাপোৰ - কানি সলনি কৰি দি তাত থকা 'হোটেল'ত খোৱা - বোৱা কৰি আজৰি হৈ 'ড্রাইভাৰ'জনক 'ফোন' কৰি মাতি আনি 'নীল দ্বীপ' অভিমুখে যোৱা জাহাজলৈ যাত্রা আৰম্ভ কৰিছিলোঁ ৷
পৃষ্ঠা ৩২
নীলাখামৰ চিঠিঃ
মৰমৰ
জান
সীমাহীন মৰমবোৰ ল'ব। উদাসী সন্ধ্যাটোত হাতত কলম তুলি লৈছো একমাত্ৰ আপোনালৈ চিঠি লিখাৰ হেঁপাহেৰে। আপোনাৰ জানিবলৈ মন নাযায়নে মই কেনেদৰে জীয়াই আছো।যোৱা বছৰৰ বানপানীৰ পিছৰ মহামাৰীতে ককাইদেউ ঢুকাল। তাৰ পিছৰ পৰাই দেউতাৰ স্বাস্থ্য দিনক দিনে অৱনতি ঘটিবলৈ ধৰিলে।আগৰ বেমাৰবোৰ বেছিকৈ বাঢ়িবলৈ ধৰিলে। মাও মৰি মৰি জীয়াই আছে। একমাত্ৰ মোৰ ভৰসাতেই দুয়োজন মানুহে উশাহটো লৈ আছে।দাৰিদ্ৰতা আৰু মা দেউতাৰ প্ৰতি থকা দায়িত্ব -কৰ্তব্যই মোক স্থিতপ্ৰজ্ঞ কৰি তুলিলে।টিউচন ফিজ হিচাবে পোৱা টকা কেইটাৰে ঘৰ চলাওঁ, দেউতাৰ দৰৱ কিনো, কলেজত পঢ়া যাৱতীয় খৰচ খিনি যেনেতেনে মিলাবলৈ যত্ন কৰোঁ। যি দুপুৰা মাটি আছে, তাতেই মাৰ লগ হৈ খেতি কৰি কেইমাহমানৰ ভাতৰ যোগাৰ কৰোঁ। আৰুনো কি কৰিম কওক..? যান্ত্ৰিকতাপূৰ্ণ
পৃথিৱীত বিলাসী সপোনবোৰৰ সৈতে আপোনাৰ সহবাস।ব্যস্ততা...কেৱল ব্যস্ততা।আপুনিবিহীন সময়বোৰে মোক বৰ কাতৰ কৰি পেলাইছে অ'। কিমান দিন যে আপোনাৰ সৈতে জোন চোৱা নাই, তৰা গণা নাই, জোনাকী সন্ধ্যা বোৰ যোৱা নাই আপোনাৰ কথাৰ সাগৰত।প্ৰতি ক্ষণ, প্ৰতি পল উদাস উদাস লাগে অ'। আপোনাৰ বাবে নিজকে যোগ্য কৰিব নোৱাৰাটোয়ে চাগে মোৰ জীৱনৰ চৰম ব্যৰ্থতা। সুখী হওক আপুনি। যোগ্য সংগী এগৰাকী বিচাৰি লওক। এয়াই মোৰ কামনা...
প্ৰান্তত
কাজল
ধৰিত্ৰী দেৱী
(মৰিগাঁও)
পৃষ্ঠা ৩৩
লিমাৰিকঃ
মিতালী শৰ্মা
মোবাইল নম্বৰ :৯৯৫৪৬৫৪০৪৩
(১)
ফেদেলীৰ লিমাৰিক"
বিলৰ পানী ঘোলা কৰি কোনোৱে বিচাৰিলে মাছ-পুঠি,
কাৰোবাৰ জালত মাছৰ সলনি আহিছে ভেকুলী উঠি,
লগাইছিল তালফাল,
ভাঙিছিল জাকৈ-জাল।
সময়ৰ লগত বাগৰ সলাই সেইসকলেই মাৰে হাতৰ মুঠি।
(২)
আবোল তাবোল
কালিলৈকে কান্ধত আছিল এটা ফটা ঢোল,
আজি চিগিল বৰটি জৰি খহি পৰিল ঢোল,
মুচিয়াৰে ঠগিলে মোক,
চিনি নাপালো তোক,
বুঢ়াৰ কথা সময়ত নুশুনি কৰিলোঁ মস্ত ভুল।
(৩)
অপ পদ্য
আজব দেশৰ গজব কথা কিমান শুনিবা,
ৰজা চতুৰ হওক বা নহওক মন্ত্ৰী অজুবা,
খৰালি থাকে শুই
পুৱাই সুখৰ জুই
বাৰিষা আহিলে গা লৰাই মথাউৰি বন্ধিবা।
পৃষ্ঠা ৩৪
ৰেচিপি:
নিবেদিতা দাস দত্ত
যোৰহাট
মাছৰ কণী ভাপত দিয়া
মাছৰ কণী:- ২০০গ্ৰাম
নিমখ:- ২ চামুচ (সৰু চামুচেৰে)
জলকীয়া:- কেঁচা জলকীয়া ৪ টা
নহৰু:- ৪ ফুটা
পিয়াঁজ:- ১ টা মিহিকৈ কুটা
কলপাত:- এখিলা
ষ্টিলৰ টিফিন এটাত মাছৰ কণীৰ সৈতে গোটেইখিনি সামগ্ৰী কলপাত এখনত মেৰিয়াই দি ঢাকনি লগাই দিব। গেছত কেৰাহী এখন উঠাই দি তাত পানী দি উতলিবলৈ দিব। কম জুইত কেৰাহীখনৰ উতলা পানীৰ ওপৰত টিফিনটো দি দিব। প্ৰায় ২০-২৫ মিনিট পিছত গেছ অফ কৰি ঠাণ্ডা হোৱাত ঢাকনি খুলি মিঠাতেল অকনমান দি পিটিকি গৰম ভাতৰ লগত পৰিবেশন কৰিব পাৰিব।
পৃষ্ঠা ৩৫
গল্পঃ
জীৱনৰ গল্প
নিৰুপমা ডেকা
“ মা তুমিও যে ... বুঢ়ী হ’লা অথচ এই সৰু কামটো কৰাৰ আইডিয়া নাই তোমাৰ ? চোৱাচোন তাৰ ইমান পছন্দৰ পেঞ্চিল বক্সটো তুমি ভাঙি পেলালা ! তোমালোকৰ পৰা আচলতে অলপমান সহায় আশা কৰাও আমাৰ ভুল ৷”
পুতেক নয়নৰ কথাত ৰুহিণী বৰুৱাৰ মনটো দুখেৰে ভৰি পৰিল ৷ তেওঁৰ এই দুখন হাতেৰেই কিমান কি কৰি দি তাক ডাঙৰ কৰিলে , অথচ এই দুখন হাতেই এতিয়া অকৰ্মণ্য হৈ পৰিল ৷ নিজৰ অৱস্থাটোৰ ওপৰত নিজৰেই খং উঠি আহিল ৷ আজি কালিৰ বস্তুবোৰ আগৰ দৰে সৰল নহয় ৷ নাতিয়েক জুমনৰ পেঞ্চিল বক্সটো খোলাৰ কিবা এটা কৌশল আছিল ৷ তেওঁ নাজানি বৰ জোৰে টান মাৰি খুলিবলৈ যত্ন কৰোঁতে তাৰ তলা ব্যৱস্থাটোৱেই ভাঙি থাকিল ৷ বক্সটো ভঙা দেখি জুমনে ভেঁ ভেঁ কৈ কান্দি গোটেইখন ঘৰ তল-ওপৰ কৰিলে আৰু আইতাকে মনে মনে দুখত ম্ৰিয়মাণ হৈ নিজৰ কোঠাত সোমাল ৷
নয়নে মাকক বহুত মৰম কৰে আৰু বুজেও ৷ কিন্তু কেতিয়াবা পৰিস্থিতিৰ লগত মোকাবিলা কৰিব নোৱাৰি মাককে দুষাৰ শুনাই দিয়ে ৷ কিন্তু সেইটো কৰি সি ভিতৰি বহুত মনোকষ্ট পায় ৷ জুমন সৰু ল’ৰা তাৰ কথাত সি বা মাকে একো নধৰে বা বেয়াও নাপায় ৷ এতিয়াই কান্দিছে অলপ পিছতে ভাল হৈ আইতাকৰ লগতেই লাগি থাকিব ৷ নয়নৰ সমস্যাটো হয় জিৰি মানে তাৰ পত্নীক লৈ ৷ তাৰ জন্মদাতৃক সি জানে বা বুজে ৷ কিন্তু তাৰ পত্নীয়ে বিয়াৰ পিছদিনাৰ পৰাই মাকৰ প্ৰতি লোৱা মনোভাৱটো সি সলনি কৰাৰ উপাই নাপালে ৷ মাক কেনেকুৱা ভাল পোৱা দিন ধৰি তাইক বুজোৱাৰ পিছতো সি কিন্তু মন কৰিলে তাই মাকক বুজাৰ চেষ্টা নকৰে ৷ কথাই কথাই মই ঘৰত এনেদৰে চলা নাই , ইমান নীতি নিয়ম মানি পোৱা নাই , নোৱাৰোঁ মই এনেদৰে চলিব আদিবোৰ তাই গাই থাকে ৷ কৰাখিনি কৰিও থাকে আৰু মাকৰ লগত তৰ্কও কৰিব নেৰে ৷ মাকো সেই একেই আকোৰগোঁজকৈ লাগি থাকে একেটা কথাতেই ৷ সি মতা মানুহ ৷ পুৱাই অফিচলৈ ওলাই গৈ সন্ধিয়া সোমাই আৰু আহি থাকোঁতে বাটতে এফালে মাকৰ , এফালে ঘৈণীয়েকৰ ওজৰ - আপত্তি শুনি শুনি আহি ঘৰ পাই মূৰটো তাৰ উতলি উঠে ৷ জীৱনটো তেতিয়া তাৰ নৰক যেন লাগে ৷ ইমান ভাল পাই অনা জিৰিকো তাৰ কেতিয়াবা সাতশতৰু যেন লাগে আৰু কেতিয়াবা মমতাময়ী মাককো ডাইনীজনী যেন লাগে ৷ ঘৰ এৰি পলাই যাবলৈ মন যায় তাৰ কোনোবা নিজান অৰণ্যত ৷
মাজে মাজে বায়েক ৰুণিয়ে আহিও মাকক বুজাই থৈ যায়
“ দিন কাল সলনি হ’ল ৷ তোৰ নিয়মবোৰ অলপ এৰ বা শিথিল কৰ মা ৷ আমিনো ক’ত পাৰিছোঁ চাকৰি ঘৰ সমানে চলাই নিওঁতে ইমান নিয়ম পালিব ৷ আমাৰতো শাহুৱে এইবোৰ নধৰে ৷ তেওঁ তেওঁৰ নিজৰবোৰ ধৰি ৰাখে যদিও আমাক বাধ্য নকৰে তেনে কৰিবলৈ ৷ সময় নহ’লে একো নহয় দিয়া বুলি কৈ আমাক অন্তৰ্দ্বন্ধৰ পৰাও বচাই থয় ৷”
নাই মাকে সেইবোৰ বুজি নলয় ৷ তেওঁৰ মতে তেওঁ নিয়ম নীতিৰে গঢ়ি তোলা সংসাৰখন সেইধৰণৰে চলিব লাগিব ৷ ইয়াতেই গোটেই খেলিমেলিটো ৷ জিৰি আধুনিক চিন্তাৰে ডাঙৰ হোৱা ছোৱালী ৷ প্ৰতিটো কথাতে এইটো নকৰিবা , সেইটো নকৰিবা , অমুক দিনা অমুকটো নকৰিবা , গা নোধোৱাকৈ এইটো চোলে মই কিন্তু নাখাম আদি বহুত কথা ৷ ল’ৰাৰ যতন লৈ কেতিয়াবা ঘৰটো সৰা-মোচা দেৰি হ’লেই মাকৰ টান কথা
“ ও , থাক এতিয়া বাহি ঘৰতেই বেলি দুপৰলৈ ৷ লক্ষ্মী নাইকিয়া হ’ব এইখন ঘৰত আৰু ৷ বাৰ বাজিবলৈ হ’ল গোঁসাইৰ আগত বন্তিগচ জ্বলাবলৈ পোৱা নাই ৷ এইবোৰ অধাচাৰ ভগৱানে নসহে ৷ ”
ৰাতিপুৱা গিৰিয়েকক পঠিয়াই , ল’ৰাক পঠিয়াই চাহ কাপ মুখত ল’বলৈ সময় নোপোৱা জিৰি জ্বলি আহে কথাখিনি শুনি ৷ তাই বিয়াৰ দিন ধৰি এইবোৰ শুনি শুনি অতিষ্ঠ হৈ মাত মাতিবলৈ লৈছে ৷ সদায় কামখিনি অঁতাই তাই জিৰণি ল’বলৈ ভাল পাই যদিও কোনোবা দিনা এলাহ লাগে আৰু অলসভাৱে বহি হাতত মোবাইলটো লৈ তাই ব্যস্ত হৈ পৰে ভাৰ্চুৱেল জগতখনত ৷ সময় কোনফালে পাৰ হয় তাৰ উমান নাপাই আৰু তাৰ পাছতে ঘৰত লংকা কাণ্ড ঘটি যায় ৷ নয়নে ঘৰলৈ আহি সন্ধিয়া গোমোঠা পৰিৱেশ এটা দেখিলেই বুজি উঠে তিনিদিন মানলৈ সি শাহু-বোৱৰীৰ মাজৰ কথ বিনিময়ৰ মাধ্যম হ’ব লাগিব ৷ তাৰ পাছত দুয়ো পক্ষক সন্তুষ্ট ৰখাৰ বাবে নতুন কিবা কৌশলৰ বাবে বায়েকক বা ভনীয়েকক ফোন কৰিব লাগিব ৷ নতুবা মাক বা ঘৈণীয়েকৰ সন্মুখত এখন মনত লগাকৈ দুখৰ নাটক কৰিব লাগিব ৷ এইবোৰ কৰি কৰি এতিয়া অভ্যস্ত হৈ পৰিছে তাৰ জীৱনটো সেই পৰিৱেশটোৰ লগত ৷
ঘৰৰ একমাত্ৰ পুৰুষ হোৱাৰো বিৰম্বনা কম নহয় সেয়া নয়নৰ ঠাইত থাকিলেহে গম পোৱা যাব ৷ নয়নে মনতে ভাবে তাৰ জীৱনটো শূলৰ আগত ওলমি আছে যেন ৷ অলপ অসাৱধান হ’লেই সি খোচ খাই সেই শূলত ওলমি থাকিব ৷ বায়েকে কেতিয়াবা সিহঁতৰ মাজত বুজাপৰা কৰিব নোৱাৰি মাকক লগতে লৈ যায় ৷ তাত কেইদিনমান ৰখা মানে মাকক কিমান চম্ভালি ৰাখিব লগা হয় সেয়া তাই হে জানে। দুদিনমান থকাৰ পিছতে মাকৰ আৰম্ভ হয় ঘৰলৈ যোৱাৰ ইচ্ছাৰ কথা ৷ জুমনলৈ মনত কৰি চকুপানী টোকা ৷ নয়নে খালে নে নাই ভালদৰে এইবোৰ চিন্তা ৷ তেতিয়া আকৌ জিৰিলৈও চিন্তা , কি বা কৰিছে অকলে অকলে ৷ ল’ৰাটোইও তাইক বৰ আমনি দিয়ে আদি এসোপা চিন্তা ৷ অৱশেষত এইবোৰ খেচখেচনী শুনি ৰুণিয়ে মাকক নিবলৈ ভায়েকক মাতি পঠিয়াই আৰু মাকক অলপ সহনশীল হ’বলৈ বুজাই পঠিয়াই দিয়ে ৷ কেইদিনমানলৈ সকলো ঠিকে চলে তাৰ পিছত আকৌ সেই যুদ্ধ আৰম্ভ ৷
বৰ্তমান ঘৰখনত এয়াই স্বাভাৱিক অৱস্থা ৷ এতিয়াই যদি কন্দাকটা , এতিয়াই পৰিয়ালটো সাজিকাচি ফুৰিবলৈ ওলাই যোৱা দেখিব ওচৰৰ মানুহে ৷ মুঠৰ ওপৰত এখন যেন নাটকহে চলি আছে সিহঁতৰ ঘৰত এনে লাগে ৷ নয়নে লাহে লাহে এই কথাবোৰত গুৰুত্ব নিদিয়া হৈ আহে ৷ ঘৰখনৰ সৰু জীয়াৰী মুম্বাইত স্বামীৰ সৈতে থাকে ৷ এইবাৰ ব’হাগ বিহু বুলি অসমলৈ আহিব বুলি ঘৰত জনালে ৷ তাইৰ শহুৰৰ ঘৰখনত মাক-দেউতাক নাই , ঢুকাল ৷ ককায়েক বৌৱেকহাল আছে ৷ মৰম চেনেহো আছে ৷ তথাপি তাই আহিলে মাকৰ ঘৰত সৰহ দিন থাকি যায় ৷ মাক আছে বাবে মাকৰ মৰমতে তাই মাকৰ লগতে থাকিবলৈ মন কৰে বাবে গিৰিয়েকেও একো নকয় ৷ বিয়া হোৱাৰ দুবছৰ পূৰ্ণ হ’ব সিহঁতৰ এই ব’হাগতে । সন্তান এতিয়ালৈ হোৱা নাই গতিকে সিহঁতৰ মাজত মৰম আৰু বুজাবুজিও বেছি হৈয়ে আছে তেতিয়ালৈকে ৷
ঘৰখনৰ বহু প্ৰতীক্ষাৰ অন্তত মৰমৰ ছোৱালীজনী অৱশেষত ঘৰ পালেহি ৷ সকলো ব্যস্ত হৈ পৰিল ৷ বিয়া দিয়া বায়েক , ভাগিন সকলো আহি ঘৰ ভৰি পৰিল ৷ জিৰিৰ যেন গাত তৰণি নাই ৷ ৰন্ধা - বঢ়াৰ ওপৰিও হঠাতে ফুৰিবলৈ যোৱাৰ প্ৰগ্ৰেমবোৰ ৷ ভাল লাগিছে যদিও তাইৰ কষ্টও কিছু হৈছে ৷ মাকে ছোৱালী দুজনী মাকৰ ঘৰত অলপ আৰাম কৰকচোন বুলি সিহঁতক ঘৰৰ কাম কৰিবলৈ নিদিয়ে ৷ তথাপি সিহঁত দুজনীয়ে জিৰিক সহায় কৰে ৷ মাকেও যিমান পাৰে কৰি দিয়ে ৷ নয়নে দিনটোলৈ কাম কৰা মানুহ এজনীও ৰাখি দিছে জিৰিৰ কষ্ট হ’ব বুলি ৷ সেয়ে ভাবিবলৈ গ’লে কামৰ জোৰ জিৰিৰ গাত বৰকৈ নপৰে ৷ পাকঘৰত ৰন্ধা-বঢ়াত অলপ সময় তাই দিব লাগে ৷ বিহু ভালেৰেই পাৰ হৈ গ’ল ৷ বায়েকহঁতৰ পৰিয়ালটো গ’লগৈ ৷ সিমানলৈ মাজে মাজে বৌৱেকৰ উফন্দি থকা মুখখন দেখিলেও সুনন্দাই ইমান গুৰুত্ব দিয়া নাছিল ৷ বিহুৰ মাজতে তাইকো মাকৰ ঘৰলৈ নয়নৰ লগত দুদিন থাকিবলৈ পঠিয়াই দিলে ৷ গতিকে জিৰিৰ মুখ উফন্দি থকাৰ প্ৰশ্নই নুঠে ৷ তাইৰ ঘৰ , তাইৰ দায়িত্ব আলহী চম্ভালি ঘৰখন সুন্দৰ কৈ চলোৱাতো ৷ তাই দহ দিনৰ বাবে জন্মৰ পৰা পোৱা আপোন ঘৰখনত অকণমান আপোনত্বৰ সোৱাদ ল’বলৈ আহিছে , অথচ বৌৱেক আৰু মাকৰ মুখ দুখনে তাইক বৰ অশান্তি দিছে ৷ তাই গিৰিয়েক নিশান্তলৈ ফোন লগালে আৰু তাইক আহি লৈ যোৱাৰ কথা ক’লে ৷ অৱশ্যে যাব খোজাৰ কাৰণটো তাই অন্য ধৰণে বুজালে ৷ যিমান যি হ’লেও তাই মাকৰ ঘৰৰ বদনাম গাবলৈ মন নকৰিলে ৷
সন্ধিয়া আহি নিশান্তই ৰাতিটো কটাই পুৱা সুনন্দাক লৈ যাব বুলি ক’লে ৷ মাকে উচুপি উঠিল ৷ বছৰত এবাৰ হেঁপাহত মাকৰ ঘৰ বুলি আহি ছোৱালীজনীয়ে এতিয়া দুখ লৈ যাব লাগিব ৷ সুনন্দাই আশা কৰা ধৰণেই মাকে তাইক থাকিবলৈ জোৰ নকৰিলে আৰু জিৰিৰ ওপৰতো খং নেদেখুৱাই সাধাৰণ ভাবেই যেন কথাটো ল’লে এনে দেখুৱালে ৷ তাই মাকক জানে মাক নিয়মৰ ক্ষেত্ৰত অলপ একাচেকা হ’লেও বুজাপৰাৰ ক্ষেত্ৰত বহু এৰাধৰাৰ মাজেৰে চলিব জানে ৷ জানে বাবেই জিৰিক খং কৰি জীয়েকৰ তালৈ গ’লেও জিৰিৰ মৰমতে পুনৰ সোনকালে গুচি আহে ৷ কৰবাত যেন তাই কষ্ট পাব এই চিন্তাতে ৷ জিৰিয়েও লাহে লাহে মাকক বুজিব বুলি মাকে আৰু ছোৱালী দুয়োজনীয়ে বুজি পায় ৷ জিৰিলৈ সিহঁতৰ একেবাৰে খং নাই ৷ মাকৰ নিয়মবোৰে সিহঁতকো বৰ বিপাঙত পেলাইছিল আগতে সেয়ে জানে মাকক সিহঁতে ৷ জিৰিয়ো নিশ্চয় বয়সৰ লগে লগে যুক্তি বিচাৰি পাব কিয় মাকে কিছুমান নিয়ম মানি চলিবলৈ কয় ৷ নিজৰ দেহৰ বাবে বা ঘৰখনৰ মঙ্গলৰ বাবেই এইবোৰ কয় বা কৰে ৷
নয়নে ভাতৰ পাতত বহি নিশান্তক ক’লে
“ তোমালোক যাবলৈ দেখোন আৰু দহ দিন আছে ৷ এইক নিবলৈ আহিলাই যে নিশান্ত ? ”
“ নহয় দাদা , এইকেইদিন পৰিয়ালৰ মানুহ কেইঘৰমানলৈ যাম ৷ বৰকৈ মাতি আছে ৷ সময় নিমিলেই নহয় ৷ সেয়ে নন্দাৰ লগত আলোচনা কৰি নিবলৈ আহিলোঁ ৷ ”
“ ঠিকেই কৰিলা বোপা ৷ আহি মাকৰ ঘৰত সোমাই থকাটো উচিতো নহয় ৷ বংশ-পৰিয়াল সময়ত সকলোকে লাগে ৷ আমি এইকেইদিন তাইক লগত পালোঁ এয়ে বহুত ৷ ”
জিৰিয়ে মনে মনে ভাত বাঢ়ি বাঢ়ি মনতে কিছু আত্মবিশ্লেষণ কৰি আছিল ৷ মাক আৰু সুনন্দাৰ গম্ভীৰ মুখ দুখনে তাইক দিনটো অশান্তি দিছে ৷ এক অপৰাধবোধে তাইক চেপি মাৰিছে ৷ তাই বাৰু সঁচাকৈয়ে ইমান বেয়া নে ! ঘৰৰ ছোৱালীজনী দুদিনমান জিৰাবলৈ আপোন ঘৰখনলৈ আহিছে আৰু তাই তাইক গোমা মুখ এখন দেখুৱাই ভাবিবলৈ বাধ্য কৰাইছে যে তাই থকাত তাইৰ দিগদাৰ হৈছে ৷ অথচ দুয়োজনী ছোৱালীয়ে মাককে বুজাই বা দোষ দিয়ে ৷ তাইৰ মনক বুজাৰ চেষ্টা কৰে ৷ অথচ তাই বছৰৰ মূৰত অহা ছোৱালীজনীক নিজৰ ঠেক মনৰ পৰিচয় দি দিলে ৷ তাইৰ ককায়েক নাই ৷ ভায়েক এটা আছে ৷ যদি ভায়েকে বিয়া কৰোৱাৰ পাছত বোৱাৰীয়েকে তাইক তেনে ব্যৱহাৰ কৰে !
ঘৰখনত এটা আদৰণীয় নিয়ম হ’ল শাহু-বোৱৰী সকলোৱে একেলগে ডাইনিঙত বহি খাব পাৰে ৷ নতুনকৈ আহাৰ পিছত জিৰিয়ে মাক আৰু নয়নক প্ৰথমতে খুৱাই ল’ব খোজোতে মাকে বৰ মৰমেৰে কৈছিল “ জিৰি আমি পৰিয়ালৰ তিনিজন সদস্য ৷ তুমি কিয় বেলেগে খাবা ৷ তুমি মোৰ ছোৱালীৰ দৰে মোৰ কাষতে বহি খাবা সদায় ৷” সকলোকে ভাত বাঢ়ি দি প্ৰয়োজনীয় সকলো টেবুলত থৈ জিৰিৰ নিজৰ ঠাইত বহি ভাত খাবলৈ লৈ হঠাৎ সিদিনাৰ কথাখিনি মনত পৰিল ৷ মাকে বাৰু দুখ পাইছে নেকি তাইৰ এইকেইদিনৰ খং দেখি ৷ নে সুনন্দাই তাইৰ ব্যৱহাৰত বেয়া পাইছে কিবা ৷ মনটো তাইৰো খেলিমেলি লাগিল ৷ তাই কষ্টত নহয় প্ৰতিহিংসা বা ঈৰ্ষাতহে এনে কৰিছে এইকেইদিন ৷ কাৰণ তাই মনে বিচৰাধৰণে মাকৰ ঘৰলৈ গৈ সুনন্দাৰ দৰে থাকিব নোৱাৰে ৷ শাহুৱেক আৰু গিৰিয়েকে নামাতিলেও তাই মনৰ তাগিদাতে সোনকালে গুচি আহে ৷ ভাত কেইটা খাই বৈ সকলো সামৰি বিছনালৈ গৈ তাই নয়নক কথাখিনি খুলি ক’ব ৷ আজি হঠাৎ সুনন্দা যাবলৈ ওলোৱাত তায়েই যে জগৰীয়া সেয়া তাইৰ উপলব্ধি হৈ গৈছে ৷ সুনন্দা আৰু মাকৰ ওচৰতো তাই ক্ষমা খুজিব ৷ মাকৰ ওচৰত তাই আচলতে বহু কথাৰ বাবে ক্ষমা খোজাৰ প্ৰয়োজন ৷ কি যে হয় তাইৰো মাজে মাজে ৷ মাক আৰু নয়নৰ ইমান সহযোগৰ পিছতো কিয় তাইৰ মনটোৱে মাজে মাজে বিদ্ৰোহ কৰে ৷ বোৱাৰী নামৰ পৰিসৰটো মোহাৰি দিবলৈ মন যায় তাই নুবুজে ৷ তাই কিবা ভাবত আত্মবিভোৰ হৈ ভাতবোৰ লিৰিকিবিদাৰি থকা বাবে শাহুৱেকে ক’লে
“ জিৰি ভাত লক্ষ্মী ৷ ভাতৰ পাতত বহি এনেকৈ মূৰত হাত দি লিৰিকিবিদাৰি থকাটো বেয়া লক্ষ্যণ ৷ কি ইমান চিন্তা হৈছ বিছনাত পৰি কৰিবাগৈ ৷ ” জিৰিয়ে মূৰ তুলি মাকৰ চকুলৈ চালে ৷ মাকে লক্ষ্য কৰিলে তাইৰ দুচকুত যেন বাৰিষাৰ ঢল অহাৰ পূৰ্ণ সম্ভাৱনা ৷ মাকে লগে লগে তাইৰ চকুৰ পৰা নিজৰ চকু আঁতৰাই খোৱাত মন দিয়াৰ দৰে দেখুৱালে ৷ নয়নে হাঁহিমাৰি ক’লে
“ মাংসখন বৰ ধুনীয়া ৰান্ধিছা ৷ তুমি খাই ভাল পোৱা বাবে এইখন বেছি মন দি ৰান্ধা সদায় ন জিৰি ৷ খাই চোৱাচোন সঁচাই বৰ ভাল হৈছে ৷ ” সকলোৱে নয়নৰ কথা শলাগিলে ৷ জিৰিয়েও ৰাতি নয়নৰ ওচৰত সকলো কৈ মনটো পাতলাবলৈ পুনৰবাৰ ঠিৰাং কৰি ভাত খাবলৈ ল’লে ৷
ৰাতি সিদিনা মাক আৰু সুনন্দা দুয়োৱেই মনে মনে চকুপানী টুকি থাকিল ৷ যিখন ঘৰত জন্মৰে পৰা ছোৱালীজনী ডাঙৰ হৈ জীৱনৰ এচোৱা সময় কটাই যায় , সেইখন ঘৰত বিয়াৰ পিছত অধিকাৰ বুলি একোৱেই নাথাকে ৷ সেইখন ঘৰ আনৰ হৈ পৰে ৷ থাকিম বুলি অহা মনৰ উৎসাহটো মাৰি পুনৰ গিৰিয়েকৰ ঘৰ পাবগৈ লাগে ৷ দুয়ো এইখিনি কথাকে একে সময়তে হয়তো অনুভৱ কৰি আছিল ৷ মাকে তাইক সাৱটি ধৰি কয়
“ সু আমি নাৰীবোৰে ওৰেটো জীৱন নিজৰ নাম আৰু ঘৰ এখন বিচাৰিয়েই পাত কৰিব লাগে ৷ দেউতাৰ ঘৰ , শহুৰৰ ঘৰ , দাদাৰ ঘৰ , স্বামীৰ ঘৰ আৰু শেষত ল’ৰা বা ছোৱালীৰ ঘৰ ৷ মৃত্যুৰ পিছত পোৱা ঘৰখনো ভগৱান বা যমৰ ঘৰ ৷ কাৰোবাৰ জীয়েক , কাৰোবাৰ বোৱাৰীয়েক , কৰোবাৰ ভনীয়েক , কাৰোবাৰ ঘৈণীয়েক আৰু কৰোবাৰ মাকলৈ পৰিবৰ্তন হৈ হৈ শেষত পাহৰি যাওঁ আমি নিজৰো যে এটা নাম আছিল এদিন ৷ কোনোবাই দিয়া মৰমৰ উপনামো আছিল ৷ আমাৰ দৈৱই আমাক এনেকৈয়ে সৃষ্টি কৰিছে ৷ মানুহ বুলি আমি হিচাবতে নপৰোঁ ৷ জিৰিৰ প্ৰতি খং কৰোঁ যদিও ভাবো তাইৰোতো চাগে একে অনুভৱ হয় ৷ তায়ো চাগে আত্ম পৰিচয়েৰে এখন নিজৰ ঘৰ বিচাৰে আৰু তাকে পাবলৈ তাই কেতিয়াবা অলপ স্বাৰ্থপৰ হৈ পৰে ৷ এয়া জানো তাইৰ অপৰাধ ? নহয় এয়া প্ৰতিগৰাকী নাৰীৰ বাঞ্ছা ৷ সেয়ে খং কৰিও তাইক ক্ষমা কৰি দিওঁ ৷ মই নোপোৱাখিনি কোনোবাখিনিত তাই পোৱাটো বিচাৰোঁ মই ৷ যেনেকৈ তুমি বা বায়েৰাইও যাতে তেনে এখন আত্ম পৰিচয়ৰে গঢ়া ঘৰ পোৱা বুলি কামনা কৰোঁ , আজিকালি জিৰিৰ বাবেও তেনেকৈয়ে কামনা কৰোঁ ৷ সেয়ে তুমি তাইৰ এইকেইদিনত কৰা ব্যৱহাৰত মন বেয়া নকৰি আনন্দৰে যাবা গৈ দেই ৷ তুমি নাৰী হিচাবে আন এগৰাকী নাৰীক সন্মান সহকাৰে তেওঁৰ স্থানৰ মৰ্যাদা দি যাবা বুলি মই আশা কৰিম তোমাৰ পৰা ৷ ”
মাকৰ কথাখিনি শুনি সুনন্দাই বেড চুইচটো টিপি কোঠাৰ লাইটটো জ্বলাই দিলে আৰু মাকৰ মুখলৈ পোন দৃষ্টিৰে চালে ৷ মাকে যে ইমান বুজিব পৰা নাৰী তাই সিদিনা আকৌ এবাৰ অনুভৱ কৰি মাকৰ সুন্দৰ মুখখন চাই তাক উপলব্ধিৰ ভঁৰালত ভৰাই থ’লে ৷ মৰমেৰে মাকক এবাৰ সাৱটি ধৰি চুমা এটা খাই তাই পুনৰ লাইটটো অফ কৰি দিলে ৷ জিৰিক মাকৰ মনৰ আইনাখন চাবলৈ সুবিধা এটা যেনতেনে কৰি দিব লাগিব যোৱাৰ আগতে বুলি মনতে ভাবিলে সুনন্দাই ৷ কোঠাটো আন্ধাৰ হ’ল যদিও দুয়োৰে মন দুটা এটা পোহৰ বিন্দুত অৱস্থিত হ’ল ৷ আন এটা কোঠাত নয়নৰ বুকুৰ মাজত জিৰিৰ মনটোৱেও পোহৰৰ সন্ধানত বাহিৰ হৈ আহিল ৷ নয়নে আশা কৰিলে এই পোহৰৰ কণিকাবোৰে মাকৰ অন্তৰ উজলাই তোলক ৷ ঘৰখন পোহৰমুখী হওক ৷
পিছদিনা পুৱা সুনন্দাই জুমনক চুমা এটা খাই বৌৱেকক সাৱটি ধৰি বিদায় লওঁতে জিৰিৰ চকুপানী বৈ আহিল ৷ তাই সুনন্দাক গালত মৰমেৰে এটা চুমা আঁকি দি ক’লে
“ যোৱাৰ আগতে যদি সময় মিলে দুয়ো আহি দুদিন থাকি যাবা ৷ মাৰ লগতে দাদাৰা আৰু মোৰো ভাল লাগিব ৷ ”
জিৰিৰ কথাত মাকৰ চকু দুটা উজলি উঠিল ৷ মাকে বোৱাৰীয়েকলৈ মৰমেৰে চাই জীয়েকক ক’লে
“ সু এবাৰ আহি যাবা যোৱাৰ আগতে ৷ আমাৰ জিৰিৰ মৰমৰ পঁজাটিলৈ আহি থাকি যাবা দুদিন ৷ তোমাৰ ঘৰলৈও মই ইহঁত দুটাক মানে জিৰি আৰু নয়নক সোনকালেই দহদিনমানলৈ পঠিয়াই দিম ৷ জুমনেও পেহীয়েকৰ ঘৰত ফুৰ্টি পাব ফুৰিবলৈ গৈ ন জুমন ৷ ”
জুমনে মূৰ জোকাৰি খিলখিলাই হাঁহি দিলে ৷ তাৰ হাঁহিয়ে একেলগে হাঁহিৰে পোহৰাই পেলালে এন্ধাৰত বুৰ যাব খোজা প্ৰাণবোৰক ৷
পৃষ্ঠাঃ ৩৬
জেতুকা
( এক জীয়া কাহিনী)
সঙ্গীতা শৰ্ম্মা
গোলাঘাট - বৰপথাৰ
এৱা টেকেলিটোতে খুদ চাউল কেইটামান আছিল। ভেলেঙীয়ে খোজ কৰি চাউল কেইটা চাই দেখিলে টেকেলীৰ চাউলকেইটা মলঙিলে। ফটাকানি কাপোৰ এখনেৰে বান্ধি থৈছিল, খুলি দিয়াত ভেকেটা গোন্ধ এটা নাকত লাগিল। তাইৰ চকু কেইটা সেমেকি গ'ল। এতিয়া কৰিব কি ? তথাপিও তাই কুলাখনত চাউল কেইটা উলিয়াই কোব দুটামান মাৰি ললে। তাহাঁতৰ চুবুৰীৰ পিণ্ড দিয়া পুখুৰীটোতে চাউল কেইটা ধুবলৈ নিলে। পিণ্ড দিয়া বুলি পুখুৰীটোত কোনেও একো কামতে ব্যৱহাৰ নকৰে। কিন্তু তাই কৰিব কি পানীকন বা পাব
ক'ত ! পুখুৰীটোত চেঙ্গেলী মাছ দমে কিলবিলাই থাকে, তাই চাউলপাত ধুলে সিহঁতৰ ৰাজ ভোগ হয়, পিণ্ড দিয়া পুখুৰী নোহোৱা হ'লে এই মাছ গাল ইয়াত নাথাকিলে হেঁতেন। নাথুৰাম প্ৰজাৰ বাদে এইমাছ কোনেও নাখাই নধৰেও।
তাই লৰালৰি কৰিল। ল'ৰা-ছোৱালী হাল উঠাৰ আগতে চাউলমুঠি ৰান্ধি থব লাগিব। নহ'লে সিহঁতি কান্দোন জুৰিব, যোৱা ৰাতি অনাহাৰে গ'ল । চাউল কেইটা ধুই তাই হাঁহৰ গড়ালটো চালেগৈ, হাঁহজনীয়ে দুদিন হৈছে কনী পাৰিবলৈ ধৰা। কণী যদি পাৰিছে তাই চাউল সিজোৱাতে কণী এটা দি দিব, পোনাকেইটাক এফাল এফাল ভাগ কৰি দিব পাৰিব । গড়াল বুলিবলৈ মতা নাইকিয়া তিৰীৰ ঘৰত ঢকুৱাৰ পাতেৰে ঘৰৰ পিছফালৰ পিৰালিতে আবুৰ কৰি দিছে। ল'ৰা ছোৱালী কেইটাই কণী এটা খাবলৈ পাব বুলিয়েই হাঁহ যোৰ আনি ললে। তাইৰ ধান চাউল নাই, হাঁহক দানা দিবলৈও অসুবিধা কিন্তু মৌজাদাৰৰ ঘৰৰ চুৱা ভাত খিনি আনি হাঁহ কেইটা পুহি আছে, পিণ্ড দিয়া পুখুৰীটোতে দিনটো চৰি থাকে।
দৰিদ্ৰতা অভিশাপ নে তাইৰ কপালৰ দোষ, তাই আজিলৈও বুজি নাপালে। কিহৰ জহত মতাটোৱে তাইক এৰি চাপৰিৰ বনগঁঞাৰ জীয়েকৰ মেখেলা ধুবলৈ গ'ল। ৰূপে- গুণে, কামে - কাজে, বনগঁঞাৰ জীয়েকৰ তুলনা সাত পুৰুষ
গ'লেও তাইৰ লগত কৰিব নোৱাৰি। তাই কামে কাজে পাকৈত এজনী মানুহ। গাভৰু কালত দৈয়াঙৰ পলসত ভুঁই ৰুই ভঁৰাল ভৰোৱা ছোৱালী। কিহত কিহে পায় তাইৰ মতাতো পলাল তাই একো উৱাদিহে নাপালে।
এতিয়া বোলে বনগঁঞাৰ জীয়েকৰ গাত লেঠা, মাটিত খোজ নেপেলাইয়ে হেনো। বিহুটো আহিলেই তাইৰ মূৰৰ খংটোৱে কিট কিটকৈ কামোৰে। মনতে এটা আশা পুহি ৰাখিছে তাক চকুৰ আগত যিদিনাই দেখিব সেইদিনাই হলধৰক পূৰ্ণহতীয়া চৰ দুটা শোধাই এই যে হাল নাবাই গোহালিত বান্ধি থোৱা গৰুহালৰ গৃহস্থৰ দৰে যে কপালত সেন্দুৰ কণ লৈ আছে, সেইকণ তাৰ হতুৱাই মোহাৰিব।
এতিয়া তাইৰ সেই ব'হাগত কলি গৰুৰ মুতেৰে জেতুকা লগাই ৰাঙলী কৰা হাত নহয়। নাহৰৰ গাঁঠি ফলা হাত। নহ'লে চৰুত চাউল নিসিজে। ল'ৰা ছোৱালী হাল উঠিল, তাই জাতিলাউ খুলাৰ পৰা নিমখ অকনমান উলিয়াই খুদচাউলৰ ভাত কেইটা দুইটাকে ভগাই দিলে। তাইলৈ নাটিল। অমিতা জোপা জুপি চৰাইয়ে খোৱা অমিতা এটা পালে, তাকে ধুই চৰাইয়ে খোৱা খিনি পেলাই যি অলপ অচৰপ উলাল তাকে খাই তাই মহাজনৰ ঘৰলৈ গ'ল।
পেটে ককালে তাইৰ সমান। হওঁতে তাইৰ বয়স বত্ৰিছ কিন্তু দৈন্যতাৰ চেপনে তাই দেখাত বুঢ়ীয়ে হ'ল। মঙহে ভৰ দিয়া বুকুখন এতিয়া কলঠৰুৱা শুকুৱা দি শুকাল। সেইটো দেহাৰে তাই মৌজাদাৰৰ ঘৰত কাম কৰে। নকৰিলে ভাত লঘোন। তাইৰ ঘৰত বিহু সেইদিনাই যিদিনা মৌজাদাৰৰ ঘৰৰ উৎসৱ পাৰ্বণত ৰন্ধা ৰাহি হোৱা খিনি মৌজাদাৰ ঘৈণীয়েকে তাইক টোপোলা কৰি দি পঠায়।
অলপদিনৰ পৰা তাইৰ জহনীত যোৱা ৰোগ এটা হৈছে, হলধৰ থাকোতে কেইবাৰো গা খহালে তাৰে ফল এতিয়া ভূগিছে, সি গৈ নতুন তিৰীৰ লগত সুন্ধোৱা কল খাইছেগৈ, তাই এই ল'ৰা ছোৱালী হাল লগত লৈ দুখৰ ৰাতি নেযায় নুপুৱাই হৈছে।
সম্পত্তি বুলিবলৈ মুঠে পাঁচ নল মাটি। তাতে ঘৰটো আৰু গছ বন কেইজোপাৰ লগতে আঠিয়া কল দুজোপামানো আছে। তাৰে বাৰী ঢাপৰ আঠীয়া কল দুঠোকা পকিছিল। তাকে বিৰজুৰ হতুৱাই বেছি ল'ৰা ছোৱালী কেইটাৰ সৈতে বিহুতো পাতিম বুলি ভাবিছিল। কিন্তু পুৱা দেখিছে কল দুঠোক বাদুলীয়ে খাই আধাধুনা দি থৈছে। ভুতৰ ওপৰত দানহ পৰাৰ দৰে।
জ্বলা ধানখেৰৰ ফিৰিঙতিৰ দৰে তাইৰ জীৱনতো জ্বলিল, এই অধম নৰমনিচটোৰ কাৰণে !
বেলাটো মৌজাদাৰৰ ঘৰত বনকৰোঁতে পেট কলৌমলৌ কৰাত তাই মৌজাদাৰনীৰ পৰা লালপানী এবাটি খালে। জীউটো শাঁত পৰি গ'ল। তেনেকুৱাতে মৌজাদাৰে আহি ক'লে হেৰৌ ভেলেঙী তই আজি কাম সামৰ, ঘৰলৈকে যা আৰু বাৰান্দাৰ চুকতে মোনা দুটা আছে যাওঁতে লৈ যাবি।
তাই চাদৰৰ আঁচলেৰে মুখ মুচি মৌজাদাৰৰ কথাকে শুনিলে। যাবৰ পৰত তাই মোনা দুখন দুহাতেৰে ল'লে, মোনাকেইটা বেছ ওজন, মুল ৰাস্তাৰে নগৈ তাই আলিকেঁকুৰিয়ে আহি বাৰীঢাপেদি ঘৰ পালেহি।
ল'ৰা-ছোৱালী হালে চোতালতে মাকক ধৰিলে। ঘৰৰ ভিতৰত সোমাই মুনা কেইখনৰ বস্তু কেইপদ দেখি তাইৰ দুধাৰি চকুলো উলাই আহিল। অকপটে এটি হুমুনিয়াহ সৰিল। কণা গোঁসাইটো নেদেখিলেও আছে বুলি অনুভৱ হ'ল।
চাৰিওফালে ঢোলৰ গুমগুমনি, ল'ৰা-ছোৱালীকেইটাৰ চিকুণ মুখকেইখন দেখি তাইৰ মুখখন আবেলিৰ বেলিৰ ৰং লাগি হেঙুল সৌন্দৰ্য্যৰ দৰে হ'ল। হঠাৎতে তাই সৰুমাইৰ ঘৰৰ পিনে খোজ ললে, ৰাতিলৈ হাতত জেতুকা অকনমান বান্ধিব লাগিব।
পৃষ্ঠাঃ ৩৭
অব্যক্ত
জয়শ্ৰী কলিতা, মঙ্গলদৈ (দৰং)
গোৱা যাত্ৰাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত দেউতাই তাইৰ লগত চিনাকি কৰাই দিয়াৰ লগে লগে খন্তেক সময়ৰ বাবে শিল পৰা কপৌৰ দৰে থৰ লাগিলোঁ মই।
অন্বেষা ! অন্বেষা !
দুবাৰমান মনৰ ভিতৰতে নামটো আওৰাই মনত পেলাবলৈ চেষ্টা কৰিলোঁ ক'ত লগ পাইছিলোঁ তাইক ! কিছু মুহূৰ্ত মগজুটোক কষ্ট দিয়াৰ পিছত হঠাতে তাহানিৰ স্মৃতি এখিনিয়ে চোঁচা মাৰি আহি স্মৃতিকাতৰ কৰি তুলিলে মোক।
এইখনেই ! হয়, এইখনেই সেই মুখখন !
ল'ৰালি গচকি কৈশোৰত ভৰি দিয়া সময়ত প্ৰিয় বন্ধুৰ পেহীয়েকৰ বিয়াত মাত্ৰ পোন্ধৰ মিনিটমানৰ বাবে দেখা পোৱা ছোৱালীজনীৰ নিমজ মাখন কোমল এই মুখখনে মোৰ হৃদয়ৰ নিভৃতত কমখন খলকনি তুলিছিলনে? এষাৰো কথাৰ আদান প্ৰদান নোহোৱাকৈয়ে উদিত হোৱা সেই অচিনাকি অনুভৱখিনি অনুধাৱন কৰিব পৰাকৈ সেই সময়ত মোৰ বয়সেইবা হৈছিল কিমান? বুকুৰ কোনোবা একোণত স্তূপীকৃত অনুভৱৰ টোপোলাটো গোপনে ভিতৰত সোমোৱাই থৈ হৃদয়ৰ দুৱাৰখন বন্ধ কৰি থোৱাৰ বয়স আছিল সেয়া। তাৰপাছত ? তাৰপাছত সময়ৰ সোঁতত সেই বিশেষ মুখখনে পাহৰণিৰ গৰ্ভত প্ৰৱেশ কৰিছিল আৰু মই নিজৰ পঢ়া - শুনা, কেৰিয়াৰক লৈ ব্যস্ত হৈ পৰিছিলোঁ।
ব্যস্ততাৰ পৰা সুৰুঙা উলিয়াই কেইদিনমানৰ বাবে মা - দেউতা আৰু বৰুৱা খুড়াহঁতৰ পৰিয়ালটোৰ সৈতে গোৱা ভ্ৰমণৰ বাবে আহিছোঁ। বৰুৱা খুড়া দেউতাৰ সহকৰ্মী আছিল। সেই সূত্ৰে খুড়া আৰু খুৰী আমাৰ ঘৰলৈ কেইবাবাৰো আহিছিল যদিও অন্বেষা যে তেওঁলোকৰে জীয়াৰী সেই কথা ঘূণাক্ষৰেও গম পোৱা নাছিলোঁ। দেউতাই চিনাকি কৰি দিয়াৰ পিছত মই দুই ওঁঠত ঈষৎ হাঁহিৰ প্ৰলেপ সানি নমস্কাৰ জনালোঁ তাইক। তায়ো স্মিত হাঁহিৰে প্ৰতি নমস্কাৰ জনালে মোক। আস্ ! এই বেৰীয়া দাঁতটো আৰু টোলপৰা পৰা দুগালেৰে সৈতে তাইৰ মিচিকি হাঁহিটোৱে তাহানিৰ দৰে আকৌ এবাৰ পানীৰ ঢৌৰ দৰে আহি বুকুৰ গভীৰলৈ শিপাই গ'ল মোৰ। তাইৰ চকুত ধৰা পৰি যোৱাৰ ভয়ত মই লগে লগে মুখখন ঘূৰাই দিলোঁ।
এদিন দুদিনকৈ গোৱালৈ অহা তিনিদিন হ'ল আমাৰ। আটকধুনীয়া ৰেস্তোৰাঁ এখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আবেলি ক'লভা বিচ্ছলৈ যাত্ৰা আৰম্ভ কৰিলোঁ আমি।
আকাশত আন্ধাৰ পোহৰৰ মিতিৰালিৰ সময়খিনিতে আমি গন্তব্য স্থান পালোঁগৈ।
ক'লভা বিচ্ছৰ প্ৰাকৃতিক সৌন্দৰ্য্যই মুহি পেলাইছে সকলোকে। সাগৰ তীৰত শাৰী শাৰীকৈ থিয় হৈ থকা নাৰিকলৰ গছবোৰ, সৰু সৰু বাঁহ কাঠৰ কটেজবোৰ আৰু শুভ্ৰ বালিচৰৰ সৈতে দূৰ - দিগন্ত ব্যাপী নীলাভ জলৰাশিয়ে এক অপৰূপ সৌন্দৰ্য্য বহন কৰি আছে। সমুদ্ৰৰ জলৰাশিয়ে ঢৌৰ আকৃতি লৈ তীব্ৰবেগে খেদি গৈ শিলবোৰক অহৰ্নিশে স্পৰ্শ কৰিছে। সেই ঢৌবোৰৰ স্পৰ্শক আওকাণ কৰি শিলবোৰে অসীম ধৈৰ্য্যৰে সমুদ্ৰৰ বালিত একেঠাইতে খোপনি পুতি বহি আছে। সূৰুযৰ ৰাঙলী কিৰণ সমুদ্ৰৰ পাৰাপাৰহীন বিস্তীৰ্ণ জলৰাশিত প্ৰতিবিম্বিত হৈ পৰিবেশটোক সোণত সুৱগা চৰাইছে, যেন কোনোবা চিত্ৰশিল্পীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা এখন জীৱন্ত ছবিহে!
একান্তমনে ফেনিল ঢৌবোৰৰ লগত খেলি থকা অন্বেষাজনীলৈ মই ৰ লাগি চাই ৰ'লো। ক'ব নোৱাৰাকৈয়ে লাহে লাহে ময়ো তাইৰ ফালে আগুৱাই গ'লোঁ। আগফালে হাওলি হাতেৰে পানীবোৰ স্পৰ্শ কৰি থকাৰ পৰা তাই মূৰ তুলি চোৱাৰ লগে মোৰ চকুৱে চকুৱে পৰিল। মুহূৰ্ততে লাজৰ ৰঙা আৱৰণ এটিয়ে তাইৰ গোটেই মুখমণ্ডল আৱৰি ধৰিলে আৰু তাইৰ মুখৰ পৰা ৰাঙলী আভা এখিনি বগুৱা বাই আহি মোৰো দুগালত সিঁচি দিলে। সচকিত হৈ তাইৰ পৰা দৃষ্টি আঁতৰাই বেলেগফালে মূৰটো ঘূৰালোঁ মই। ঠিক তেনে সময়তে উত্তাল ফেনিল ঢৌ এটাৰ খুন্দাত তাই মোৰ ওপৰতে বাগৰি পৰাৰ উপক্ৰম হ'ল। তাইৰ হাত এখন আৰু কঁকালত ধৰি কোনোমতে তাইক নপৰাকৈ ধৰি ৰাখিলোঁ। তাইৰ হাতৰ পৰশত মুহূৰ্ততে ভৰিৰ পৰা মূৰলৈকে গৰম তেজ এসোঁতা বৈ অহা যেন লাগিল মোৰ। লাজত মোৰ অণ্ঠ কণ্ঠ শুকাই কৰ্কৰিয়া মাৰিলে। খপজপকৈ তাইৰ হাত আৰু কান্ধৰ পৰা মোৰ হাত দুখন আঁতৰাই মা - দেউতাহঁতৰ ফালে চালোঁ। নাই ! কোনেও লক্ষ্য কৰা নাই আমাক! সকলো ব্যস্ত সমুদ্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য পান কৰাত। ঘটনাৰ আকস্মিকতাত অন্বেষায়ো কিংকৰ্তব্য বিমূঢ় হৈ একে ঠাইতে থিয় হৈ থাকিল। মৃদু হাঁহি এটিৰে প্ৰকৃতিস্থ হ'বলৈ চেষ্টা কৰিলোঁ মই। তায়ো হাঁহি এটিৰে সঁহাৰি জনাই মোৰ পৰা আঁতৰি গ'ল।
ইয়াৰ পিছৰ দিনবোৰ আৰু বেছি ভাল লগা হৈ আহিল। স্বতঃস্ফূৰ্তভাৱেই মোৰ দুই ওঁঠত হাঁহি এটি বিৰিঙি থকা হ'ল। অকাৰণতে মনটো ভাল লাগি থকা হ'ল। অনবৰতে গানৰ কলি এটিও গুণগুণাই থকা হ'লোঁ। এসপ্তাহ গোৱাত হাঁহি ধেমালিৰে কেনেদৰে পাৰ হৈ গ'ল গমেই নাপালোঁ আমি। এই এসপ্তাহত গোৱাৰ বিভিন্ন ঠাই দৰ্শন কৰাৰ পিছত সকলোৱে নিজ গৃহলৈ উভতি যোৱাৰ কথা আলোচনা কৰিলে। উভতি যোৱাৰ কথা কোৱাৰ লগে লগে অচিনাকি বিষ এটিয়ে পানীৰ ঢৌৰ দৰে আহি বুকুৰ নিভৃতত খুন্দিয়াই গ'ল মোৰ। যেন আৰু দুদিনমান বেছিকৈ থাকিব পাৰিলেই ভাল পাম মই!
একেবাৰে ওচৰত পায়ো অন্বেষাৰ লগত এষাৰো কথা পাতিব নোৱাৰা দুখটো যেন গোটেই জীৱন থাকি যাব মোৰ ! এনেকোৱা মুহূৰ্তবোৰত মোৰ জীৱনলৈ অমানিশা নমাই অনা সেই নিৰ্দিষ্ট দিনটোৰ ওপৰতে খং উঠি যায় মোৰ। ইচ্ছা থাকিলেও এতিয়া যে মই কাৰোবাৰ সৈতে মনৰ কথা এষাৰ পাতিবলৈও অপাৰগ ! বুকুত বিষটো লৈয়ে গোৱাৰ পৰা গুৱাহাটীত উপস্থিত হ'লোঁ। গুৱাহাটীৰ পৰা নিজ গৃহলৈ ওভতাৰ সময়ত তাইলৈ এবাৰ চালোঁ। নাই ! তাইৰ চকু মুখতো আগৰ সেই মৰমলগা হাঁহিটো নেদেখিলোঁ। তাৰ বিপৰীতে তাইৰ সজাল দুচকুৰ বিষাদখিনিয়ে একো নোকোৱাকৈয়ে বহু কথাই কৈ গ'ল মোক।
ঘৰলৈ অহাৰ কেইবাদিনো পাৰ হৈ যোৱাৰ পিছতো তাইৰ ধুনীয়া মুখখনিয়ে মোৰ দুচকুত অগা ডেৱা কৰিবলৈ ধৰিলে। তাহানিৰ দৰেই মোৰ বুকুৰ কোনোবা একোণত মিঠা বিষ এটিয়েও খোপনি পুতিবলৈ আৰম্ভ কৰিলে।
কোনোবাই কৈছিল-- "দুচকুৰ পতা জাপ খোৱা পিছতো কাৰোবাৰ মুখৰ প্ৰতিচ্ছবিয়ে যদি তোমাক আমনি কৰে, জানিবা সেই বিশেষ মুখখনৰ গৰাকীৰ প্ৰেমত পৰিছা তুমি।"
কথাখিনি মনত পৰাৰ লগে লগে দীঘলকৈ উশাহ এটি উজাই লৈ চকু দুটি মুদি দিলোঁ।
চকামকাকৈ অন্বেষাৰ মুখখন মোৰ দুচকুত ভাঁহি উঠিল। মুহূৰ্ততে ধৰফৰাই উঠিলোঁ মই। প্ৰেম !
নাই, দ্বিতীয়বাৰৰ বাবে মই কাৰোবাৰ সৈতে এই প্ৰেম নামৰ কৃত্ৰিম বান্ধোনেৰে বান্ধ খাব নোৱাৰোঁ। প্ৰথম প্ৰেমৰ প্ৰতাৰণাৰ পিছত ছোৱালীৰ প্ৰতি বিশ্বাসৰ দেৱালখন এবাৰ ভাঙি চিঙি চূৰমাৰ হোৱাৰ পিছত দ্বিতীয় বাৰৰ বাবে পুনৰ সেই একেটা ভুলকেই কৰিব নোৱাৰোঁ মই। অতীতৰ ধূসৰিত স্মৃতিয়ে পুনৰবাৰ বুকুৰ একোণত হেন্দোলনি তুলি গোটেই গাটো বিছাই ডকা দি ডাকিবলৈ ধৰিলে মোৰ। কৰ্ণকুহৰত অনুৰণিত হৈ ৰ'ল দুবছৰীয়া প্ৰেমৰ অৱসান ঘটাই প্ৰিয়াৰ মুখৰ পৰা উফৰি অহা সেই বাক্যবাণ -- "তোমাৰ দৰে বাক শক্তি নথকা পুৰুষ এজনক জীৱন সংগী ৰূপে গ্ৰহণ কৰিব নোৱাৰিম মই নিৰ্বাণ।"
এৰা...কালিকা লগা আবেলি এটাত দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে বাক শক্তি হেৰুৱাই পেলাইছিলোঁ মই। প্ৰিয়াৰ বাবে সেইটোৱেই যথেষ্ট আছিল মোৰ সৈতে দুবছৰীয়া প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই থকা সম্পৰ্কটো বিচ্ছেদ কৰি আঁতৰি যাবলৈ।
প্ৰিয়া ! প্ৰিয়া !
কেতিয়াও মনলৈ আনিব নোখোজা নামটো আকৌ এবাৰ পাকঘূৰণি খাই মন মগজুত দোলা দিবলৈ ধৰিলে মোৰ। তিৰবিৰাই থকা উজ্জ্বল চকুযুৰিৰ সৈতে সুগঢ়ী মুখখনৰ আঁৰত থকা প্ৰিয়াৰ বিভৎস ৰূপটো মনত পৰাৰ লগে লগে ঘৃণাত নাক - মুখ কোঁচ খাই আহিল মোৰ।
সন্মুখত থকা আইনাখনত নিজৰ প্ৰতিবিম্বটোৰ ফালে দৃষ্টি নিক্ষেপ কৰিলোঁ মই। আইনাখনত ট টকৈ জিলিকি থকা মোৰ প্ৰতিবিম্বটোৱে যেন মোৰ ফালে চাই বিদ্ৰূপৰ হাঁহি মাৰিছে, ঠিক তেনেকুৱা অনুভৱ হ'ল মোৰ। কি ঠিক মোৰ বাক শক্তিবিহীন প্ৰকৃত ৰূপটোৰ বিষয়ে গম পোৱাৰ পিছত অন্বেষায়ো জানো মোক উপলুঙা নকৰিব ? নিশ্চয় কৰিব! কাৰণ, নাৰী চলনাময়ী!
নাৰীক বিশ্বাস কৰিব নোৱাৰি ! তাহানিৰ দৰেই মনৰ অনুভৱবোৰ মনৰ ভিতৰতে গাপ দি প্ৰকৃতিস্থ হ'বলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই কিছু নিলগত থকা গছ - গছনিৰে ভৰা শান্তিময় ঠাইখিনি পালোহি মই।
বহু সময় আত্ম - আলাপত বিভোৰ হৈ কেতিয়াবা সুযোগ আহিলেও মনৰ অনুভৱবোৰ অন্বেষাৰ সৈতে ভগাই নোলোৱাৰ সিদ্ধান্ত ল'লোঁ মই। প্ৰথম প্ৰেমৰ প্ৰতাৰণাৰ পিছত নাৰীৰ প্ৰতি অন্তৰত গঢ় লৈ উঠা ধাৰণা আৰু এজন বিশেষভাৱে সক্ষম ব্যক্তিক কোনেও অন্তৰেৰে আঁকোৱালি নলয় বুলি থকা ভীতিটোৱে হয়তো এই সিদ্ধান্ত ল'বলৈ বাধ্য কৰালে মোক।
আকাশখন গোমা হৈ আহিছে। গোমা আকাশত এচপৰা দুচপৰাকৈ ক'লীয়া মেঘে ভুমুকি মাৰিছে। হয়তো খন্তেক পিছতে মুষলধাৰ বৰষুণ এজাক আহিব। লৰালৰিকৈ ঘৰৰ ফালে গতি কৰিলোঁ মই। চোতালৰ পৰা গৈ বাৰাণ্ডাত থিয় হোৱাৰ লগে ড্রয়িং ৰুমৰ পৰা কাৰোবাৰ কথোপকথন ভাঁহি আহি মোৰ কাণত পৰিলহি। খন্তেক সময় দুৱাৰমুখতে থমকি ৰৈ মই অনুমান কৰিবলৈ চেষ্টা কৰিলোঁ ভিতৰত কোন আছে।
বৰুৱা খুড়া আৰু খুৰী!
যিমান পাৰোঁ কাণখন উনাই মা - দেউতা আৰু খুড়া - খুৰীৰ কথাবোৰ শুনিবলৈ চেষ্টা কৰিলোঁ মই।
"দুয়োৰে সমস্যা একেটাই। মনৰ ভাৱবোৰ আদান প্ৰদান কৰিবলৈ দুয়োৰে বাক শক্তি নাই। তথাপিও মই ভাবোঁ মুখৰ ভাষ্যতকৈ হৃদয়ৰ গভীৰতাৰ পৰা নিৰ্গত হোৱা ভাষাৰ শক্তি বহুত বেছি। ইজনে সিজনৰ প্ৰতি থকা বুজাবুজি, শ্ৰদ্ধা আৰু মৰম -- এই তিনিটাই সম্পৰ্ক এটাৰ মূল ভেঁটিটো মজবুত কৰি ৰাখে আৰু মূল ভেঁটিটো মজবুত হৈ থাকিলে বাক শক্তি সেই সম্পৰ্কত হেঙাৰ হ'ব নোৱাৰে।"-- দেউতাৰ কথাষাৰ শুনাৰ লগে লগে মোৰ উৎকণ্ঠা দুগুণ বাঢ়ি গ'ল।
কাৰ কথা পাতিছে বাৰু!
"সিহঁতে যদি ইজনে আনজনক পছন্দ কৰে, তেন্তে আপোনালোকৰ ছোৱালীক আমাৰ ল'ৰালৈ অনাত আমাৰ একো আপত্তি নাই।"-- এইবাৰ মায়ে হাঁহি এটিৰে স্বগতোক্তি কৰিলে।
দুৱাৰমুখতে স্তব্ধ হৈ ৰ'লো মই।
তাৰমানে অন্বেষাৰো...!
বুকুৰ নিভৃতত আৱেগৰ লহৰ এটা উথলি উঠি দুচকু সেমেকাই তুলিলে মোৰ। ভাবুক মন এটি লৈ ধীৰ গতিৰে বাৰাণ্ডাৰ পৰা চোতালত ভৰি দি দুহাত মেলি দিলোঁ মই। গিৰ্জনি মাৰি আকাশৰ বুকুৰ পৰা হৰহৰাই কলহৰ কাণে বৰষুণ এজাক নামি আহিল। বসন্তৰ প্ৰথমজাক বৰষুণত সিক্ত মোৰ দেহ মন জুৰ পৰি গ'ল। বিষাদৰ কুহেলিকা ঠেলি ফৰকাল হৈ পৰা মোৰ মনাকাশত সংগোপনে আশাৰ তৰাফুল এটি ফুলি উঠিল।
পৃষ্ঠা ৩৮
গ্ৰন্থ পৰ্যালোচনাঃ
ৰীতা চৌধুৰীৰ "মায়াবৃত্ত"
নাৰী মনস্তত্বৰ এক মনস্তাত্বিক দলিল
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা, লখিমপুৰ, ভ্ৰাম্যভাষ:৬০০১৪৮১৪০৮
অসমীয়া সাহিত্যৰ এক উজ্জ্বল শিখা স্বৰূপ "মায়াবৃত্ত" হৈছে ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। পুতি নামৰ এজনী অকণমানি ছোৱালী হৈছে কাহিনীটোৰ মূল চৰিত্ৰ। এক কঠিন সময় বৰ্তমান, যি সময়ত মানুহৰ মনত দয়া মমতা সকলো শেষ হৈ প্ৰকৃতি আইক ধ্বংস কৰাত উন্মাদ হৈ পৰিছে, সেই একে সময়তে কণমানি পুতি আৰু তাইৰ একমাত্ৰ বন্ধু সুবৰ্ণৰ মনটোৱে কিদৰে প্ৰকৃতি ৰক্ষাৰ বাবে সচেতন হৈ হাহাকাৰ কৰিছে, সেয়ে কাহিনীটোৰ মূল অংশ।
অসমীয়া সাহিত্য জগতৰ বিশিষ্ট লেখিকা ৰীতা চৌধুৰী বাইদেউৰ সাহিত্যিক অমূল্য সৃষ্টি "মায়াবৃত্ত" শীৰ্ষক উপন্যাসখনে অনুভৱী মনক বাৰুকৈয়ে চুই যায়৷ জীৱন আৰু সময়ৰ চকৰি অতি নিষ্ঠুৰ। সময়ৰ চক্রবেহুত সোমাই মানুহে প্রায়েই থাউনি হেৰুৱায়। এই ‘মায়াবৃত্ত’ তেনে এক মনস্তাত্ত্বিক বিষয়ক মূল আধাৰ হিচাপে লৈ লিখা ৰীতা চৌধুৰীৰ অন্যতম কালজয়ী উপন্যাস। কাহিনীৰ পৰিৱৰ্তিত মূল চৰিত্ৰ ‘নীৰা’ই তাহানিৰ ‘পুতি’ক নতুনকৈ আৱিষ্কাৰৰ মানসেৰে গোমুখলৈ কৰা যাত্রাৰে হৈছে উপন্যাসখনৰ আৰম্ভণি। তেওঁ সাৰথি হিচাপে লগত লৈ গৈছে ‘পুতি’ময় হৈ থকা নীৰাৰে এখিনি সোণসেৰীয়া সময়ৰ দলিল ডায়েৰীখন। সেই ডায়েৰীখনৰ আঁত ধৰিয়েই উপন্যাসখন আগবাঢ়িছে। স্বাভাৱিকতে কৃষ্ণ বৰণৰ কণমানি পুতিয়ে মনত অহৰহ ৰামধেনু এখন লৈ ফুৰিছিল। যথেষ্ট কৌতূহলী আৰু অনুভৱী ছোৱালীজনীৰ মনত উদয় হোৱা প্রশ্নবোৰৰ সমিধান বিচাৰি মাক-দেউতাকক ব্যতিব্যস্ত কৰিছিল। কিন্তু উত্তৰৰ বিপৰীতে পুতিয়ে পাইছিল ককর্থনাৰ খোঁচ আৰু এআকাশ হতাশা। উৰিবলৈ পিন্ধা শৈশৱী ডেউকা সুলকি তাই হাউলি পৰাৰ উপক্রম হওঁতেই লগ দিছিলহি সুবর্ণই। পুতিক তুলি ধৰি কাষে-কাষে ৰৈ ছাঁ দিছিল সি। অৱধাৰিতভাৱে সিহঁতৰ মাজত আত্মীয়তা বাঢ়িছিল। কিন্তু কালিকা লগা সময়ৰ পকনীয়াত পৰি প্রাক-যৌৱনৰ আলি-দোমোজাত সুবর্ণ হেৰাই গৈছিল। নিজ বাটে বৈ থকা সুঁতি দুটা যেতিয়া পুনৰ লগ হৈছিল, বুকুৱে-বুকুৱে সাৰে থকা সপোনবোৰৰ বাদে আন সকলো সলনি হৈছিল।
নীৰাৰ স্বামী ব্রজেন আছিল সম্পূৰ্ণ সুকীয়া বস্তুবাদী মানসিকতাৰ। সংসাৰখন জীয়াই ৰখাৰ স্বার্থত কোনো কোনো স্থানত তেওঁক ৰক্ষণশীল যেনো বোধ হয়। ইফালে নীৰা আছিল প্ৰকৃতিৰ ৰূপত মুগ্ধ আৰু আলসুৱা মনৰ, গছ, বতাহ ভালপোৱা সেউজীয়া পথাৰ দৰাৰ দৰে। সুৰীয়া বৰ্ণিল হেঁপাহখিনিক পূর্ণতা প্রদানৰ নিমিত্তে ব্রজেনে তাইক আবদ্ধ কৰি ৰাখিবলৈ গঢ়া অদৃশ্য প্রাচীৰ নীৰাই তচ-নচ কৰিবলৈ সক্ষম হৈছিল। সন্তান দুটিৰ সৈতে কৰা কথোপকথনখিনিয়ে নীৰাক এগৰাকী সুগৃহিনী আৰু মমতাময়ী হিচাপে তুলি ধৰিছে। একেসময়তে স্বামীক কিছু নিৰুদ্বেগ দেখা গৈছে। ইফালে বন্ধুত্বৰ নিচান উৰুৱাই ৰৈ থকা ডেনিয়েল ! তাৰ মনৰ কোনোবা এটা কেঁকুৰিত নীৰাৰ বাবে কিছু দুর্বলতা আছিল যদিও সেয়া এক অসমতুল সমীকৰণ হিচাপেহে ৰৈ গৈছিল।
ৰীতা চৌধুৰীৰ উপন্যাস বুলিলেই এক সুনিপুন আৱেগৰ উপস্থাপনৰ অনির্বচনীয় আকর্ষণীয় দলিল, অপ্রকাশ্য অনুভৱৰ পুখুৰীত ডুবি থকাৰ সুখ। সমান্তৰভাৱে কেইবাটাও ঘটনাক আগুৱাই নিয়াত তেখেত সিদ্ধহস্ত। ‘মায়াবৃত্ত’ও ইয়াৰ ব্যতিক্রম নহয়। ইয়াত এফালে পুতিজনীৰ আলসুৱা মায়াময় পৃথিৱীখন আনফালে ব্রজেনৰ ৰুক্ষ, যন্ত্রৱৎ ৰুটিনমাফিক জীৱন আৰু স্থিতপ্রজ্ঞ সুবর্ণৰ দায়িত্বশীলতা তথা সাময়িক অসহায়তা- এই সকলোবোৰৰ মাজত সংসাৰৰ বৃত্তত আবদ্ধ নীৰাৰ অস্ফুট ছটফটনিখিনি সাধাৰণ পাঠকেও অনুধাৱন কৰিব পৰাকৈ লেখিকাই খুব সাৱলীলতাৰে আক্ষৰিক অনুবাদ কৰিছে। তাৰোপৰি গোমুখ অভিমুখী ভিন্ন ঠাইবোৰৰ ভৌগোলিক অৱস্থান তথা তাৰ আৱাসীসকলৰ জীৱন-প্রণালীৰ যি কৌশলী উপস্থাপন কৰিছে, তাতেই লেখিকাৰ অধ্যয়নপুষ্ট মনটোৰো উমান পাব পাৰি।
'মায়াবৃত্ত' খন সামগ্ৰিকভাৱে এখন নাৰীকেন্দ্ৰিক উপন্যাস বুলি ক’ব পাৰি ৷ লেখকাই "নীৰা" শীৰ্ষক চৰিত্ৰটোৰ মাধ্যমেৰে নাৰী জীৱনৰ কণ্টকময় যাত্ৰা আৰু সমাজ - সংসাৰৰ মেৰপাকত দিশহাৰা হৈ পৰা নাৰীৰ স্বকীয়তাক বৰ সুন্দৰকৈ উপস্থাপিত কৰিছে ৷
উপন্যাস খনত শৈশৱৰ "পুতি" য়ে কৈশোৰত "নীৰা" নামেৰে অলংকৃত হয় ৷ নিজৰ মাক-দেউতাকে ক’লা চামৰাৰ অধিকাৰী হোৱা হেতু ফুলকুমলীয়া ছোৱালীজনীৰ ওপৰত চলোৱা অতিশয্যা বৰ নিৰ্মম ৷ কিন্তু , একে সময়তে পুতিৰ তুলনাত বয়সত অলপ ডাঙৰ আৰু নিৰ্মল মনৰ অধিকাৰী সুৱৰ্ণৰ অস্তিত্বই তাইক অলপ সকাহ দিছিল ৷ প্ৰকৃতিপ্ৰেম, জীৱপ্ৰেমৰ নৈ এখন অনবৰতে নিজৰ হৃদয়ৰ মাজত কঢ়িয়াই ফুৰা শান্ত-সমাহিত পুতিজনী সৰুপৰা অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিব পৰাকৈ দৃঢ় আছিল ৷ সপোনৰাজ্যত উমলি ফুৰা , বাস্তৱত নিজৰ দায়িত্বৰ পৰা কাহানিও পিছ নোহোৱা , মানুহৰ চকুযুৰিৰে অন্তৰত প্ৰৱেশ কৰিব পৰা পুতিজনীয়ে কালক্ৰমত "নীৰা" নামৰ এগৰাকী সু-লেখিকা হিচাপে প্ৰতিষ্ঠা লাভ কৰে ৷ আচলতে, নীৰা নামৰ সত্তাটোৰ বীজ শৈশৱতে সুৱৰ্ণই পুতিৰ মাজত ৰোপণ কৰি গৈছিল ৷ শৈশৱতে অংকুৰিত সেই বীজ কৈশোৰত লালিত-পালিত হৈ , প্ৰাপ্তবয়স্ক কালত সম্ভাৱনাৰ ৰূপত ধৰা দিছিল ৷ "পুতি"ৰ পৰা " নীৰা" হোৱাৰ যি যাত্ৰা , সেই যাত্ৰা কোনোকালেই মৃসন নাছিল ৷ মাতৃগৃহৰ লগতে স্বামীগৃহ তথা স্বামী ব্ৰজেনৰ পৰা লাভ কৰা অৱজ্ঞা তথা তিৰস্কাৰে পুতিক নীৰা হোৱাত সহায় কৰিছিল ৷ এগৰাকী কল্পনাপ্ৰৱন , অৰ্ন্তমুখী , কিছু পৰিমাণে আত্মবিশ্বাসহীনতাৰে জৰ্জৰিত ছোৱালীজনীৰ এগৰাকী সৱল , কঠোৰ , স্বভিমানী নাৰী হোৱাৰ যি দীঘলীয়া যাত্ৰা ; সেই যাত্ৰাৰ মাজেৰে কাহিনীভাগ আগবাঢ়ি গৈছে৷
পুতি তথা নীৰাই পিতৃ - মাতৃ তথা সহোদৰ আৰু ব্ৰজেনৰ পৰা পোৱা অৱজ্ঞাবোৰৰ বাবে নীৰালৈ পুতৌ জন্মে ৷ একেসময়তে সুৱৰ্ণ, ডেনিয়েল, ৰাজৰ্ষি আৰু জিৰি-ৰোহীৰ পৰা পোৱা আবদাৰ তথা মৰমবোৰে নীৰাক ইৰ্ষাৰ পাত্ৰ কৰি তোলে৷
মায়াবৃত্ত উপন্যাসখনে কঢ়িয়াই ফুৰিছে দিল্লী চহৰৰ গৌৰৱময় ইতিহাস, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ থূলমূল বিৱৰণ , গংগা নদীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নানান আখ্যান-উপাখ্যান , ভগীৰথী নদীৰ কাহিনী , হৰিদ্বাৰ , গোমুখৰ কিছু পৰিচয় , গংগাৰ পাৰৰ সন্ধ্যা আৰতি আদিৰ বৰ্ণনা ৷ তাৰোপৰি , খাপ পঞ্চায়তে দুৰ্বিষহ কৰি তোলা উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আদি ঠাইৰ হাজাৰজনী নন্দিনীৰ লেখিয়া ছোৱালীৰ মনৰ বেদনা , সন্তানহীনতাৰ বাবে সমাজে কৰা আচৰণত অতিষ্ঠ হৈ মৃত্যুক সাৱটি লোৱা পত্নীৰ স্মৃতি কঢ়িয়াই ফুৰা সুদীপ দত্ত তথা একালৰ প্ৰতাপী ডাক্তৰ, বৰ্তমানৰ সৰ্বাস্ৰান্ত ডা° গুপ্তাৰ দৰে পুৰুষৰ বেজাৰৰ গাঁথা, লগতে কাহিনীৰ মাজতে লেখিকাই অতি সাৱলীল ভাৱে চিপ্কো আন্দোলনত নাৰীৰ সৱল ভূমিকা আৰু উন্নয়ণৰ তথা বিকাশৰ নামত প্ৰকৃতিৰ ওপৰত চলা অত্যাচাৰৰো বৰ্ণনা দি যায় ৷
প্ৰকৃততে বস্তুবাদ, বাস্তৱবাদ তথা আত্মাপ্ৰেম আৰু ঈশ্বৰ প্ৰীতিৰ পৰা যিয়ে দূৰত অৱস্থান কৰে সেই মানুহ সময়ৰ সোঁতত , প্ৰয়োজনৰ স্বাৰ্থত সলনি হোৱাটো একো ডাঙৰ কথা নহয় ৷ অন্যহাতে , স্থিতপ্ৰজ্ঞ পুৰুষ সদায় কল্যাণকামী তথা স্থিৰ হয় ৷ ৰিপু সমূহক জয় কৰি যি মানৱে কল্যাণৰ কামত আত্মনিয়োগ কৰে, তাক সত্য আৰু শুদ্ধ পথৰ পৰা কোনেও বিচলিত কৰিব নোৱাৰে৷
উপন্যাসখনত সামগ্ৰিক ভাৱে নাৰী জীৱনৰ কণ্টকময় যাত্ৰা , পুৰুষৰ নানা ৰূপ আৰু প্ৰতিজন মানুহে কঢ়িয়াই ফুৰা অসফলতা , গ্লানি তথা নিৰ্লিপ্ততাক লেখিকাই অতি সাৱলীল ৰূপত প্ৰকাশ কৰিবলৈ সামৰ্থ হৈছে ৷ ৫০৬ পৃষ্ঠাযোৰা এই উপন্যাসখনে মোৰ মনত গভীৰভাৱে ক্ৰিয়া কৰিবলৈ সামৰ্থ হৈছে ৷
লেখক হিচাপে ৰীতা চৌধুৰী যথেষ্ট শক্তিশালী। পঠনকালত কাহিনীৰ বিস্তৃত বর্ণনাই এনেকৈ মোহাচ্ছন্ন কৰি ৰাখে যে গোটেই ঘটনাপ্রবাহ মনৰ চকুৰ সন্মুখত জীৱন্ত হৈ পৰে। এদিন লেখিকাই প্ৰসংগ ক্ৰমে কৈছিল, ‘মায়াবৃত্ত’ই হেনো তেওঁ লিখিব খোজা অন্তিমখন উপন্যাস! মোৰ বিশ্বাস প্রতিজন পাঠকেও যে ‘মায়াবৃত্ত’ক অসমীয়া সাহিত্যৰ এক অনন্য সম্পদ হিচাপে স্বীকৃতি দিছে আৰু দিব সেয়া নিশ্চিত।
পৃষ্ঠা ৩৯
আৰ্ট গেলাৰীঃ
মৌকুঁহি গগৈ
ক্লাছ : ২
ডনবক্স স্কুল লিচুবাৰী
পৃষ্ঠা ৪০
শেষ পৃষ্ঠাৰ লেখাঃ
শৰৎ তোমাক জনাওঁ স্বাগতম
পবিত্ৰ গায়ন
প্ৰতিনিধি, অঙ্গন
"শৰৎ কালৰ ৰাতি অতি বিতোপন ।
ৰাসক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মন ।।"
সচাকৈ মহাপুৰুষ শংকৰদেৱে কীৰ্তনত কোৱাৰ দৰে শৰৎ ঋতু অতি বিতোপন । অসমীয়া ছয় ঋতুৰ ভিতৰত এই শৰৎ ঋতুকেই ঋতুৰ ৰাণী বুলি কোৱা হয় । গ্ৰীষ্মৰ প্ৰখৰতা সাম কতাৰ লগে লগে প্ৰকৃতিৰ বুকুলৈ নামি আহে শৰৎ । উৎসৱ মূখৰ হৈ পৰে পৃথিৱী । ৰজনী পূৱাৰ কুঁৱলীয়ে আদৰি আনে শৰৎক । শেৱালী ফুলৰ দলিচাতে যেন জিৰণি লয় শৰতে । নিশাৰ স্নিগ্ধ চন্দ্ৰমাৰ ৰূপোৱালী জ্যোতি হৈ পৃথিৱীক জ্যোতিষ্মান কৰি তোলে । আৰম্ভ হয় নানা উৎসৱ । এই শৰততে শ্ৰীৰাম চন্দ্ৰই লংকাৰ ৰজা ৰাৱণক নিধন কৰিবলৈ ব্ৰহ্মাৰ হতুৱাই দুৰ্গাদেৱী বোধন কৰাই পূজা কৰিছিল বুলি প্ৰবাদ আছে । আন এটি প্ৰবাদ মতে এই শৰত কালতে শ্ৰীৰাম চন্দ্ৰই লংকা জয় কৰি সীতাক উদ্ধাৰ কৰাৰ পাছত অয্যোধ্যাত প্ৰৱেশ কৰেহি আৰু তাৰ আনন্দতে আয্যোধ্যাত ধূপ- দীপ জ্বলাই আনন্দ উৎসৱ কৰা হৈছিল । তাৰ পৰাই দ্বীপাৱলী বা দীপান্বিতা উৎসৱ আৰম্ভ হয় ।
এই শৰততে দ্বাপৰ যুগত পূৰ্ণিমা জোনাকী ৰাতি যমুনাৰ পাৰত শ্ৰীকৃষ্ণই অনিৰ্বচনীয় মূৰুলী ধ্বনিত আত্মহাৰা হৈ ভক্ত বৃন্দ পৰমাত্মাৰ লগত বিলিন হ'বলৈ কামনা কৰি ভগৱানৰ চৰণত নৈবেদ্য আগবঢ়াইছিল । কৃষ্ণৰ প্ৰেমত আকুল গোপীসকলক সন্তুষ্ট কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই শৰতৰ পূৰ্ণিমা ৰাতিতেই ৰাসক্ৰীয়া কৰিছিল ।
উৎসৱৰ ক্ষেত্ৰত যেনেকৈ শৰতক ৰাণী বুলিব পাৰি ঠিক তেনেদৰে ই অসমীয়া জাতিৰ বাবে পবিত্ৰ তথা স্বপ্ন ৰচনাৰ ঋতু বুলিব পাৰি । শৰত কালৰ ভাদ মাহেতই শ্ৰীমন্ত শংকৰ দেৱৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ , শ্ৰীমাধৱদেৱৰ তিৰোভাৱ ঘটিছিল । তদুপৰি শিখসকলৰ ধৰ্মগুৰু গুৰুনানকৰো জন্ম এই শৰৎ কালতেই হৈছিল ।
শৰত কালত প্ৰকৃতিৰ বুকুখন শস্যৰে উপচি পৰে। লখিমীয়ে সেউজীয়া পথাৰত স্থিত লৈ পৃথিৱীখন বিনন্দীয়া কৰি তোলে । এই শৰততে পথাৰৰ লখিমীক পূৰ্ব আদৰণি আৰু মঙ্গল কামনাৰে তুলসী তলত আৰু পথাৰত বন্তি প্ৰজ্বলন কৰি কাতি বিহু উদ্যাপন কৰে । শৰতকালৰ আগমনৰ লগে লগে জাৰ-জহ দুয়োটা সমভাবাপন্ন হয় । দিন ৰাতিও প্ৰায় সমান হয় । চৌদিশে সুনিৰ্মল পৰিৱেশৰ সুচনা কৰে । ৰোগ ব্যাধি আদিও কমি যায় । মানুহৰ মনবোৰো অনাবিল আনন্দৰে ভৰাই তোলে । সেয়ে শৰতক কেৱল ঋতুয়েই নহয় মানুহৰ জীৱনৰ স্বপ্ন ৰচনা সোণালী সময় তথা এটি অনুমপ ঋতু বুলি আখ্যা দিব পাৰি ।।
পৃষ্ঠা ৪১
1 Comments