পৃষ্ঠা ১
পৃষ্ঠা ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ
নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 ডিচেম্বৰ, 2021.
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।
পৃষ্ঠাঃ ৩
নীলা খামৰ চিঠি লিখা প্ৰতিযোগিতাৰ ফলাফল
অঙ্গনৰ উদ্যোগত বিগত ১ নবেম্বৰ তাৰিখে আয়োজন কৰা নীলাখামৰ প্ৰতিযোগিতাৰ ফলাফল আমি ভিয়োৱাৰ আৰু বিচাৰকৰ বিচাৰৰ ভাত্তিত ঘোষণা কৰিছোঁ।
ফলাফল সমূহ এনে ধৰণৰ
নীলাখামৰ চিঠিৰ ফলাফলঃ
প্ৰথম স্থান
নিবেদিতা হাজৰিকা
দ্বিতীয় স্থান
ঋতু অনুৰাগ মাজুলী
তৃতীয় স্থান
নিবেদিতা দাস দত্ত
ধন্যবাদ
অঙ্গনৰ সম্পাদনা সমিতি
পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ: পৃষ্ঠা ৭-৯
ধাৰাবাহিক : পৃষ্ঠা ১০
অণুগল্প : পৃষ্ঠা ১১-১২
এক মিনিটৰ গল্প : পৃষ্ঠা ১৩
অনুবাদ কবিতা : পৃষ্ঠা ১৪-১৫
কবিতা : পৃষ্ঠা ১৬-৩১
অনুভৱ : পৃষ্ঠা ৩২-৩৩
গল্প : পৃষ্ঠা ৩৪-৩৬
স্বাস্থ্য বিশেষ: পৃষ্ঠা ৩৭
ছবি বিশেষ: ৩৮
গ্ৰন্থ পৰ্যালোচনা পৃষ্ঠা ৩৯
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪০
পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
হীৰামণি দেৱী
মালিগাঁও, গুৱাহাটী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।
পৃষ্ঠা ৬
সম্পাদকীয়ঃ
কিতাপৰ বেপাৰী
বাক্যটি শুনিবলৈ বৰ অখজা লাগিছে যদিও ই সুন্দৰকৈ এটা অৰ্থ প্ৰকাশ কৰিছে। কথাষাৰ মিছা নহয়। যিয়ে কিতাপক লৈ বেপাৰ কৰে তেওঁকেই আমি কিতাপৰ বেপাৰী বুলি ক’ব পাৰোঁ। এই কিতাপৰ বেপাৰীসকলৰ বৰ্তমান বৰ এটা ভাল দিন বুলিব নোৱাৰি। অৱশ্যে সকলো কিতাপৰ বেপাৰীৰ ক্ষেত্ৰতে এই বাক্যটি প্ৰযোজ্য নহয়।
এজন ভাল কিতাপৰ বেপাৰীৰ চকু সদায় ভাল কিতাপৰ ওপৰত থাকে। কোনজন লেখকে কি বিষয়ক লৈ কিতাপ ৰচনা কৰিছে, কোনখন কিতাপে বজাৰ দখল কৰাৰ সম্ভাৱনা আছে, বজাৰত উপলব্ধ নোহোৱা অথচ পাঠকে বিচাৰি থকা কি কি কিতাপ নতুনকৈ প্ৰকাশ কৰিব পাৰি- এনেবোৰ বিষয়ৰ চিন্তাই ভাল কিতাপৰ বেপাৰীসকলক ছানি ধৰে। আনহাতে পূৰ্বে প্ৰকাশ হৈ যোৱা কোনবোৰ কিতাপৰ বজাৰ মূল্য এতিয়াও আছে সেইবোৰ খবৰো এজন কিতাপৰ বেপাৰীয়ে ৰাখিব লগীয়া হয়। এনে কিতাপৰ পুনঃ মুদ্ৰণ কৰিও কেতিয়াবা কিতাপৰ বেপাৰী লাভান্বিত হোৱা দেখা যায়। এই কথাখিনিৰ পৰাই অনুমান কৰিব পাৰি বৰ্তমানৰ কিতাপৰ বজাৰখনৰ সম্পৰ্কত এজন কিতাপৰ বেপাৰীৰ কিমান জ্ঞান থাকিব লগীয়া হয়।
অসমীয়া মানুহে কিতাপ নপঢ়ে— বাক্যটি আজিকালি সততে শুনিবলৈ পোৱা যায়। কথাষাৰ সম্পূৰ্ণকৈ মিছাও নহয়। তেনেহলে ভুলটো ক’ত? কিতাপৰ প্ৰতি এই অনিহাৰ নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব। বহুতে ক’ব খোজে, পাঠকৰ ৰুচি অনুসৰি অসমীয়া ভাষাত ভাল কিতাপ একেবাৰেই কমকৈ প্ৰকাশ পায়। তেন্তে বেচেৰা কিতাপৰ বেপাৰীটোৱে কি কৰিব। চকু দুটাৰে পিট পিটাই ভাল কিতাপ প্ৰকাশৰ বাবে বিচাৰি ফুৰিলেও তেনে লেখক সহজে চকুত নপৰে। দুই এজন ভাল লেখক চকুত পৰিলেও ভাল ভাল প্ৰকাশনে তেওঁলোকৰ সকলো কিতাপ প্ৰকাশৰ দায়িত্ব লৈ থয়। আনহাতে হঠাতে কেতিয়াবা নতুন লেখকৰ দুই এখন ভাল কিতাপ বজাৰলৈ আহে যদিও উপযুক্ত প্ৰচাৰৰ অভাৱত কিতাপ কেইখনে পাবলগীয়া গুৰুত্বখিনিও নাপায়। কেতিয়াবা আকৌ চাবোনৰ বিজ্ঞাপনৰ দৰে সামাজিক মাধ্যমত অনবৰতে ‘ভাল কিতাপ, ভাল কিতাপ’ বুলি প্ৰচাৰ কৰি থকা কিতাপ দুখনমান বেপাৰীটোৱে কিনি বেপাৰ কৰোঁ বুলি ভাবিও মূৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ, বিজ্ঞাপনত দিপিকা বাইদেৱে চাৱোন ঘঁহিলে ফুলৰ সুগন্ধি বৰষে আৰু কিতাপৰ বেপাৰীটোৱে সেই একেই চাবোন টুকুৰা গাত ঘঁহিলে ছালৰ খজুৱটি হয়। বেচেৰা বেপাৰীটোৱে এইবাৰো বিপদত পৰে। ইফালে সময়ত দোকানৰ ভাড়া, ঘৰৰ ভাড়া, ৰেচনৰ খৰচ যোগাৰ কৰিব নোৱাৰি দিনক দিনে মানুহজন শুকাই খীণাই যায়।
এই কিতাপৰ বেপাৰীসকলৰ কামৰ লগত আমাৰ ভাষাটোৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে, অসমীয়া সাহিত্যৰ জগতখনৰ ভৱিষ্যত জড়িত হৈ আছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথা যে এই বেপাৰীসকলেই প্ৰকৃততে আমাৰ চিন্তা চেতনাক মানুহৰ মাজলৈ লৈ যায়, জাতিটোৰ মানসিকতাক উচ্চৰ পৰা উচ্চতম পৰ্যায়লৈ লৈ যায়।
গতিকে, আহকচোন আমি সময় থাকোঁতেই এনেবোৰ বিষয় গুৰুত্ব সহকাৰে বিবেচনা কৰোঁ। যি নিষ্ঠা আৰু সততাৰে এচাম লোকে কিতাপৰ জগতখনত সেৱা আগবঢ়াই আহিছে তেওঁলোকৰ কামখিনিক আমি আন্তৰিকতাৰে শ্ৰদ্ধা কৰোঁ। কিয়নো এয়া ধ্ৰুৱ সত্য যে কিতাপৰ বেপাৰীসকল খাদ্যৰ অভাৱত মৰিলে জাতিটোৱে শুদ্ধ চিন্তা চেতনাৰ অভাৱত মৰিব লাগিব।
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন।
ভ্ৰাম্যভাষঃ 9678696861
পৃষ্ঠা ৭
প্ৰৱন্ধঃ
অসমীয়া সংস্কৃতিত মাছ আৰু জীৱিকা
দিবাকৰ ৰেণু
ভাৰতবৰ্ষত মৎস্য পূজাৰ বাবে মন্দিৰ তেনেই কম । অৱশ্যে বেত দ্বাৰকাৰ শংখোদৰ মন্দিৰ আৰু নগলপুৰমৰ বেদনাৰায়ণ মন্দিৰত মৎস্য অৱতাৰৰ পূজা হয়। কোণেশ্বৰমৰ মৎস্যকেশ্বৰম মন্দিৰ কালৰ সোঁতৰ ধ্বংস হ'ল যদিও বেংগালুৰুতো মৎস্য নাৰায়ণ মন্দিৰ আছে।
ভাৰতীয় সংস্কৃতিত মাছক এক বিশেষ পবিত্ৰ স্থানত ৰখা হৈছে। ভগৱান বিষ্ণুৰ দশাৱতাৰৰ প্ৰথম অৱতাৰ "মৎস্য অৱতাৰ"। মৎস্য অৱতাৰে মনুক আৰু সৃষ্টিক প্ৰলয়ৰপৰা ৰক্ষা কৰিছিল। মাছ ৰূপী ৰক্ষকৰ ৰূপত মৎস্যক চোৱা আতাইতকৈ পুৰণি দস্তাবেজত মৎস্যক বৈদিক আৰাধ্য প্ৰজাপতিৰ সম দেখা গৈছিল। বৈদিক যুগৰ পিছত মৎস্যক ব্ৰহ্মাৰ সৈতে গণ্য কৰা হৈছিল। তাৰ পিছত মৎস্যক বিষ্ণুৰ অৱতাৰ ৰূপে গ্ৰহণ কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্ত্তন ঘোষাত চতুৰ্ব্বিংশতি অৱতাৰৰ মৎস্য বুলি উল্লেখ কৰি লিখিছে---
"মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত।
উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত।।
সত্যব্ৰত ৰাজাক দেখাইলা নিজমায়া।
নধৰিলা সমুদ্ৰে তোহ্মাৰ মৎস্য কায়া।।"(কীৰ্ত্তন -২)
শিশুৰূপী চাৰি বেদক উদ্ধাৰ কৰোঁতা বিষ্ণুয়ে সত্যব্ৰত ৰজাক মায়া দেখুৱাইছিল বুলি গুৰুজনাই উল্লেখ কৰি থৈ
গৈছে।
ভাৰতবৰ্ষত মৎস্য পূজাৰ বাবে মন্দিৰ তেনেই কম । অৱশ্যে বেত দ্বাৰকাৰ শংখোদৰ মন্দিৰ আৰু নগলপুৰমৰ বেদনাৰায়ণ মন্দিৰত মৎস্য অৱতাৰৰ পূজা হয়। কোণেশ্বৰমৰ মৎস্যকেশ্বৰম মন্দিৰ কালৰ সোঁতৰ ধ্বংস হ'ল যদিও বেংগালুৰুতো মৎস্য নাৰায়ণ মন্দিৰ আছে।
বৰঅসমৰ সংস্কৃতিৰ বৰঘৰ নিৰ্মাণত মাছৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মৎস্যস্পৰ্শৰ দ্বাৰাই মৃতকৰ এঘাৰদিনীয়া অশৌচ খণ্ডণ কৰা হয়।জোৰোণ বা তেলৰভাৰত বাকলি থকা ডাঙৰমাছ দিয়া নিয়ম। আনহাতে সেই মাছৰ বাকলিৰে কইনাক শিৰত সেন্দূৰ পিন্ধোৱা পৰম্পৰা অসমীয়া সমাজত দেখা যায়।পুষ্পিতা হ'লে, সন্তানৰ নামকৰণ বা প্ৰথম জন্মদিনত মাছ বিতৰণ কৰা প্ৰথা আছে।গ্ৰহ পূজা, পিতৃ শ্ৰদ্ধাত মাছ দান কৰা নিয়ম অসমৰ পৰম্পৰা।
অসমৰ আন আন জনজাতীয় পৰম্পৰাতো মাছৰ এক বিশেষ ভূমিকা আছে। উৰুকাৰ আগদিনা সমূহীয়াকৈ বিলত মাছ ধৰা উৎসৱ অসমৰ সকলো জনজাতীয় পৰম্পৰাত বিদ্যমান।
অসমীয়া জাতিৰ বাপতি-সাহোন ভোগালী বিহুত ডিমৰীয়া অঞ্চলত পালিত হৈ অহা অন্যতম লোক-উৎসৱ হ'ল লালিলাং লোক-উৎসৱ। ই মূলতঃ সমূহীয়া মাছ মৰা উৎসৱ। ডিমৰীয়া অঞ্চলৰ লোকসমাজে মাঘ বিহুৰ উৰুকাৰ দিনা স্থানীয় তিনিখন বিল- ব'মানী, পাৰশালি আৰু জালিশৰাত সমুহীয়া ভাৱে মাছ ধৰি এই উৎসৱ অতি উলহ মালহেৰে পালন কৰে। এই উৎসৱত ডিমৰীয়া অঞ্চলৰ প্ৰতীকি ৰজা আৰু তেওঁৰ পৰিষদ বৰ্গই অংশগ্ৰহণ কৰে। ৰজাৰ লগত বিভিন্ন গাঁৱৰ পৰা অহা নাচনীয়া দলসমূহে নাচি নাচি ৰজাক বিলৰ পাৰলৈ আদৰি আনে। ৰজাই বা নাচনীয়া দলবোৰে গৈ বিলৰ পানীত ডুব মাৰি ডিমৰীয়াৰ পঞ্চ-দেৱতাৰ নামত তামোলৰ বঁটা পুতিলেহে বিলৰ পাৰত ৰৈ থকা ৰাইজে মাছ মাৰিবলৈ পানীত নামে। এনেদৰেই এই উৎসৱত ভাগ লোৱা নাচনীয়া দলবোৰে জাকৈ, পল', ঢোল, পেপা, খল চৰাই আদি বিভিন্ন সাঁ-সজুলি লৈ নাচি-বাগি লালিলাং গীত গায় এক উৎসৱমুখৰ পৰিবেশ গঢ়ি তোলে। চহা জীৱনৰ সুখ, দুখ, প্ৰেম, হাঁহি, আনন্দ আদি বিভিন্ন আবেগ-অনুভূতিৰ প্ৰকাশক 'লালিলাং' নৃত্য-গীত অসমীয়া লোকসংস্কৃতিৰ অনন্য সম্পদ হিচাপে বিবেচিত হৈছে।
তেনেদৰে অসমৰ বিভিন্ন জনজাতীয় লোকৰ মাজত সমূহীয়া মাছ মৰা পৰম্পৰা আছে। নলবাৰীৰ ফালে আহাৰ শাওণ মাহত নৈত পল' আৰু জালেৰে বৰালি মাছ মৰা কাৰ্য্যক টেক মৰা বুলি কয়। টেক মৰাৰ সময়ত গোৱা গীত অসমীয়া লোকগীতৰ অংগ।
অসমৰ পৰম্পৰাগত খাদ্যৰ তালিকাত মাছে এক বিশেষ স্থান লাভ কৰি আছে। পানী পন্তাৰ সৈতে গৰৈ মাছপোৰা খোৱা চহা জীৱনৰ প্ৰাত্যহিক।ঔ টেঙাৰে বৰলি মাছ, আৰি মাছ হিং ফুটোৱা, পালেং শাকেৰে ৰৌ মাছ ৰন্ধা আদি কথা সুকবি নাৰায়ণদেৱৰ পদ্মাপুৰাণৰ বেউলা লখিন্দৰৰ আখ্যানত পোৱা যায়। বেউলাৰ মাতৃ তাৰা দেৱীয়ে লখিন্দৰৰ বাবে ৰন্ধা ব্যঞ্জনৰ বৰ্ণনাত এই বিষয়ে উল্লেখ আছে।
অসমৰ তন্ত্ৰমন্ত্ৰ, ভেল্কীবাজিতো মাছৰ কথা উল্লেখ আছে। মাছৰ দ্বাৰা এটা সময়ত মূদ্ৰা আৰু চেনেহ আদান প্ৰদানৰ প্ৰকাশ কৰা হৈছিল বুলিও ইতিহাসে কয়।
অসমত মৎস্য পালনেৰে জীৱিকা লাভ কৰা কাৰ্য্য অতি পুৰণি। শস্যে মৎস্যে অনুপম অসমৰ সকলো জলাশয়ত অধিক প্ৰজনন কৰিব পৰা আৰু সুস্বাদু মাছ পোৱা যায়।ৰাজ্যখনত ১০ টা বৰ্গৰ, ৩৭ টা গোত্ৰৰ, ১০৪ বিধ গণৰ মুঠ ২১৬ বিধ মাছৰ প্ৰজাতি পোৱা যায়। সেই মাছৰ উৎপাদনো অতি উন্নতমানৰ।যাৰ বাবে অসমত মৎস্য চিকাৰ কৰি এটা শ্ৰেণীৰ লোকে জীৱন নিৰ্বাহ কৰাৰ সুবিধা লাভ কৰিছে। কিন্তু এই সময়তে বিদেশৰ পৰা অহা কিছুমান স্বভক্ষী মাছৰ বাবে থলুৱা মাছ দিনে দিনে ধ্বংসৰ গঢ়াহলৈ গতি কৰিছে, ফলত জীৱিকাৰো অৱনতি ঘটিছে। মৎস্য গন্ধাৰ ধীৱৰ কুমাৰীৰ কাহিনীৰে আৰম্ভ হোৱা মহাভাৰতে আজিও মাছ পালনৰ পৰম্পৰা প্ৰকাশ কৰি আহিছে । এই সময়ত চৰকাৰে বিশেষ ভূমিকা ল'লে মৎস্য পালকসকলৰ সহায় হ'ব।
১৯৫৭ চনৰ ১০ জুলাই তাৰিখে উৰিষ্যাত পোনপ্ৰথমত বাৰৰ বাবে কৃতিমভাৱে মাছৰ কণী উৎপাদন কৰি সাফল্য লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই ১০ জুলাইৰ দিনটো মীন পালক দিৱস হিচাপে উদযাপিত কৰা হৈ আহিছে ।
ফোনঃ৮৬৩৮১৪৩৮১৫
পৃষ্ঠা ৮
এটা হাঁহিৰ সন্ধানত
অবিনাশ বৰা
মানুহে হেজাৰ ব্যস্ততা, হেজাৰ নিৰাশাৰ মাজতো যদি দুই ওঁঠত এখন্তেকৰ কাৰণে হ'লেও এটা মিচিকিয়া হাঁহিৰ ৰেশ বুলাই ল'ব পাৰে, তেন্তে বহুত যন্ত্ৰণাৰে উপশম হয়। সেয়ে হাঁহিক জীৱনৰ মহৌষধ বুলিও কোৱা হয়। এটা নিৰ্ভেজাল হাঁহিয়েই নিজৰ লগতে আনজনৰো দুখৰ বোজা পাতলাব পাৰে। কাৰণ হাঁহিৰ আকৰ্ষণ শক্তি সুতীব্ৰ।
সময় সলনি হৈছে। হোৱাটোৱেই স্বাভাৱিক। কাৰণ পৰিৱৰ্তনেই পৃথিৱীৰ নিয়ম। আজি যিটো যি ৰূপত দেখিবলৈ পাইছোঁ, সেইটো কাইলৈ সেই ৰূপতে নেদেখিবও পাৰোঁ। পৰিৱৰ্তন চিৰ শাশ্বত। সময় গতিশীল। এই গতিশীলতাৰ মাজতে পৰিস্ফুট হয় পৰিৱৰ্তিত সমাজৰ স্বৰূপ। সময়ৰ নিৰৱধি সোঁতত আগবাঢ়ি গৈ থাকোঁতে মানুহৰ সমাজখনতো ব্যাপক পৰিৱৰ্তনৰ প্ৰভাৱ পৰিলক্ষিত নোহোৱা নহয়। স্বাভাৱিকতে আমাৰ সমাজ ব্যৱস্থাত দ্ৰুত পৰিৱৰ্তন হৈছে। এটা সময়ত চাৰিআলিত বৰতলত এসোপা পিলিঙা ডেকা গোট খাই কৰা খুহুতীয়া কথা-বাৰ্তা, কাৰোবাৰ বাৰাণ্ডাত চুবুৰিৰ মহিলাসকলৰ বিয়নী মেল ইত্যাদি এইবোৰ এতিয়া প্ৰায় দেখিবলৈ নোহোৱা হৈছে। কাৰণ মানুহ বৰ্তমান ভিষণভাৱে ব্যস্ত। প্ৰতিযোগিতাৰ দৌৰত ইজনে সিজনতকৈ এখোজ আগুৱাই যোৱাৰ ধামখুমীয়াত মানুহ এনেকৈ উন্মত্ত হৈ পৰিছে যে পিছলৈ উভতি চোৱাৰো অৱকাশ নাই। এইবোৰৰ মাজত হেৰাই গৈছে এজনৰ আনজনৰ প্ৰতি থকা মৰম, চেনেহ, আন্তৰিকতা, সহানুভূতি, সামাজিক চেতনা আৰু মানৱীয় প্ৰমূল্যবোধ। বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত সম্প্ৰসাৰণেও মানুহৰ মনবোৰক একোটা যন্ত্ৰৰ দৰে কৰি পেলালে। প্ৰযুক্তিৰ অৱদানবোৰৰ লগত মানুহ এনেকৈ একাত্ম হৈ গৈছে যে এইবোৰ এতিয়া মানুহৰ জীৱনৰ একোটা অপৰিহাৰ্য অংগত ৰূপান্তৰিত হৈছে। প্ৰযুক্তিৰ সৃষ্ট যন্ত্ৰৰ লগত নিজৰ সংযোগ স্থাপন কৰোঁতে মানুহ নিজেও একোটা যন্ত্ৰলৈয়ে পৰিণত হৈছে। যাৰ বাবে মানুহৰ লগত মানুহৰ সম্পৰ্ক বিচ্ছিন্ন হৈছে, মানুহ আঁতৰি আহিছে সমাজখনৰ পৰা। ফলস্বৰূপে মানুহৰ মানুষিক চেতনাত ব্যাঘাত জন্মিছে। নোহোৱা হৈছে মানুহৰ মানৱীয় প্ৰমূল্যবোধ। বাঢ়ি অহা কামৰ বোজাই মানুহক ইমান ব্যস্ত কৰি পেলাইছে যে মানুহে নিজৰ বাবে অকণমান সময় উলিয়াব নোৱৰা এক অৱস্থা। ব্যস্ততাময় জীৱনত অত্যধিক কামৰ বোজাই মানুহক অৱসন্ন কৰি তুলিছে, নোহোৱা কৰিছে মানুহৰ মনৰ আবেগ, অনুভূতিবোৰ। ব্যস্ততাৰ বাবে আপোনজনক সময় দিব নোৱাৰৰ দুখেও প্ৰতিজনকে আতুৰ কৰিছে। বিষণ্ণতাই আৱৰি ধৰিছে মানুহৰ মন। অৱসন্ন শৰীৰ, বিষণ্ণ মন, তদুপৰি ওচৰতে থাকিও আত্মিকভাৱে আপোনজনৰ লগত বাঢ়ি অহা দূৰত্ব এইবোৰে মানুহৰ মনবোৰ ভাৰাক্ৰান্ত কৰি পেলাইছে। সাংঘাতিকভাৱে মানুহবোৰ হতাশগ্ৰস্ত হৈ পৰিছে।
ইয়াৰ মাজত হেৰাই গৈছে মানুহৰ মুখৰ হাঁহিটোও। বিষাদ, অৱসাদ, হতাশাই আচ্ছন্ন কৰি পেলোৱা মানুহে এতিয়া যেন হাঁহিবলৈয়ো পাহৰিছে। হাঁহিবলৈ এৰাটোও মানুহৰ এই দুঃসহ যন্ত্ৰণাৰ এটা কাৰণ। মানুহে হেজাৰ ব্যস্ততা, হেজাৰ নিৰাশাৰ মাজতো যদি দুই ওঁঠত এখন্তেকৰ কাৰণে হ'লেও এটা মিচিকিয়া হাঁহিৰ ৰেশ বুলাই ল'ব পাৰে, তেন্তে বহুত যন্ত্ৰণাৰে উপশম হয়। সেয়ে হাঁহিক জীৱনৰ মহৌষধ বুলিও কোৱা হয়। এটা নিৰ্ভেজাল হাঁহিয়েই নিজৰ লগতে আনজনৰো দুখৰ বোজা পাতলাব পাৰে। কাৰণ হাঁহিৰ আকৰ্ষণ শক্তি সুতীব্ৰ। কিন্তু বৰ্তমান মানুহৰ মুখৰ পৰা এই হাঁহিটোও হেৰাই যোৱা যেন হৈছে। হেৰাই গৈছে নিজে হাঁহি আনকো হঁহুৱাই ভালপোৱা "হাঁহিৰাম" মানুহবোৰো।
মানুহৰ মুখৰ পৰা সৰি পৰা সেই মিচিকিয়া, মৌ বৰষা, ভুবন-ভুলোৱা, প্ৰাণখোলা নিৰ্ভেজাল মনৰ সেউজীয়া হাঁহিবোৰ এতিয়া অজানিতে নোহোৱা হ'ব ধৰিছে। যি হাঁহিৰ মাজত ফুটি উঠিছিল মনৰ নিৰ্ভেজাল আবেগ, অনুভূতি, প্ৰেম, ভালপোৱাৰ অনুপম চানেকি। যি হাঁহিয়ে নিজৰ লগতে আনৰো মনত বিপুল আনন্দ ৰসৰ সঞ্চাৰ ঘটাই মানুহৰ মনবোৰক সজীৱ কৰি ৰাখে, যি হাঁহিয়ে মানুহৰ মনত এমুঠি সেউজীয়াৰ আৱেশ সানে। সেই হাঁহিৰ উচ্ছল আনন্দৰ মাজতে মানুহে খন্তেকৰ বাবে হ'লেও পাহৰি গৈছিল ব্যস্ততাময় জীৱনৰ হাজাৰ দুখ, কষ্ট, অৱসাদগ্ৰস্ততাৰ কথা। এতিয়া সেই নিভাঁজ, সতেজ হাঁহিটোও নোহোৱা হ'ব ধৰাত মানুহে কেনেকৈ নিজৰ জীৱনৰ দুখ-দুৰ্দশাৰ উপশম ঘটাব ?
হাঁহিব পৰাটোও হৈছে এটা কলা। এটা হাঁহিৰ যোগেদিয়েই বহিঃপ্ৰকাশ ঘটে এজন মানুহৰ আন্তৰিক সৌন্দৰ্যতাখিনিৰ। এটা হাঁহিৰ মাজতে এজন মানুহৰ ব্যক্তিত্বৰো পূৰ্ণ প্ৰকাশ ঘটে। এক কথাত এটা মৃদু, নিভাঁজ আৰু সতেজতাপূৰ্ণ হাঁহিয়েই এজন ব্যক্তিৰ "ব্যক্তিত্ব"ৰ প্ৰধান অলংকাৰ স্বৰূপ। মানুহৰ মুখত এটা নিৰ্মল হাঁহি জিলিকি থাকিলে মানুহক শাৰীৰিক বা আন কিবা বাহ্যিক সৌন্দৰ্যৰ প্ৰয়োজনেই নাথাকে। কাৰণ মনৰ সৌন্দৰ্যতাহে প্ৰধান আৰু হাঁহিৰ মাজতে সেই সৌন্দৰ্যৰ প্ৰকাশ ঘটে। মানুহৰ মুখত বিয়পি থকা এটা হাঁহিয়ে বিচিত্ৰ অলংকাৰৰ দৰেই মনৰ সেই সৌন্দৰ্যতা দুগুণে বঢ়াই। আমাৰ মুখত জিলিকি থকা এটা হাঁহি আন এজনৰ মুখলৈয়ো স্বতঃস্ফূৰ্তভাৱেই বিয়পি যায় আৰু সেইজনৰ মনতো আনন্দৰ খোৰাক যোগায় যদিহে সেই হাঁহি সুৰুচিপূৰ্ণ হয়, যদিহে তাত নাথাকে কোনোধৰণৰ কপটতা, কৃত্ৰিমতা। তেনে হাঁহিয়েহে আন মানুহৰো অন্তৰ জয় কৰিব পাৰে। তাচ্ছিল্যসূচক বা বেয়া ভাৱপ্ৰকাশক কুটিল হাঁহিয়ে আনজনৰ মনত বিৰূপ প্ৰভাৱহে পেলায়। প্ৰকৃত হৃদয়ৰ অধিকাৰী মানুহৰ মুখত সদায় আনৰ মনতো আনন্দৰ সঞ্চাৰ কৰিব পৰা নিভাঁজ, নিৰ্মল হাঁহিহে দেখা যায়। সেই হাঁহিৰ মাজত নাথাকে কৃত্ৰিমতা, কপটতা। তেনে এটা হাঁহিৰেই মানুহে দহজন মানুহৰ হৃদয় জয় কৰি গঢ়ি তুলিব পাৰে আত্মিক সম্বন্ধ। মানুহক মানুহৰ ওচৰ চপাই নিবলৈয়ো তেনে এটা হাঁহিৰেই প্ৰয়োজন। লগতে মানুহৰ অৱসাদগ্ৰস্ততা, বিষাদগ্ৰস্ততাক দূৰ কৰিবলৈ প্ৰয়োজন ৰসাত্মক হাঁহিৰ। মানুহে নিজেও ব্যস্ততাময় জীৱনৰ মাজতে অকণমান হ'লেও হাঁহিবলৈ চেষ্টা কৰা উচিত। সেই হাঁহিটোৱেই লাঘৱ কৰিব মানুহৰ বহুতো দুখ-যন্ত্ৰণাৰ। ইংৰাজীতো এষাৰ প্ৰবচন আছে- "Lough and grow" অৰ্থাৎ " হাঁহা আৰু ডাঙৰ হোৱা।" আমি হাঁহি হাঁহিয়ে আমাৰ ব্যক্তিত্বৰ লগতে আমাৰ মানসিক উৎকৰ্ষও সাধন কৰিব পাৰোঁ।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে এবাৰ আক্ষেপ কৰি কৈছিল যে আমাৰ অসমীয়া মানুহে হেনো হাঁহিব নাজানে। তেওঁ অসমীয়া ভাষাত হাস্য ৰসাত্মক সাহিত্যৰ সৃষ্টি কৰি অসমীয়া মানুহৰ মনত আনন্দ ৰসৰ সঞ্চাৰ ঘটাই হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হৈছিল। সেয়ে তেওঁক "ৰসৰাজ" বুলি অভিহিত কৰা হয়। শেষত তেখেতৰ ভাষাৰেই মোখনি মাৰিলোঁ- "ল'ৰাই হাঁহ, ডেকাই হাঁহ, আনকি দাঁত নাইকিয়া লাপুং বুঢ়ায়ো হাঁহ।" আহক, আমি সকলোৱে খন্তেকৰ বাবে হ'লেও হাঁহিবলৈ শিকোঁ।
গোলাঘাট বাণিজ্য মহাবিদ্যালয়
ফোন:- ৮৮২২৩১৩০১৯
পৃষ্ঠাঃ ৯
প্রাথমিক শিক্ষাত নাটকৰ তাৎপৰ্য
ৰিণ্টু টায়ে
যোৱা সংখ্যাৰ পিছৰ পৰা-
মহামানৱ মহাত্মা গান্ধীৰ মতে শিক্ষা হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰা ৷ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এই উক্তিটো প্ৰযোজ্য হ'ব ৷ শিশুৰ সৰ্বাংগীন উন্নতি সাধন মানে শিশুৰ শাৰীৰিক, মানসিক , আধ্যাত্মিক , আৱেগিক দিশৰ সুস্থ বিকাশ সাধনকে বুজায় ৷ শিশুসকলক সামাজিক প্ৰাণী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা লোৱা অনুষ্ঠান বোৰৰ ভিতৰত পৰিয়ালৰ পিছতে আহি পৰে প্ৰাথমিক বিদ্যালয়সমূহ ৷ গতিকে প্ৰাথমিক শিক্ষাৰ দ্বাৰা শিশুৱে সামাজিক হ'বলৈ শিকে ৷ বিদ্যালয়খনক জন ডিউৱে বৃহত্তৰ সমাজৰ ক্ষুদ্ৰ সংস্কৰণ বুলি অভিহিত কৰিছে ৷
মূল আলোচনা :
প্রাথমিক শিক্ষাত নাটকৰ তাৎপৰ্য শীৰ্ষক আলোচনাত গুৰুত্বপূৰ্ণ স্থান দখল কৰা বিষয়টি হ'ল বিদ্যালয় পৰ্যায়ত নাটকৰ ইতিবাচক প্ৰভাৱ ৷ নাট্য সাহিত্য চাৰিটা উপাদানৰ সমাহাৰ ঘটিছে -১) গীত, ২) নৃত্য , ৩) অভিনয়, ৪) সংলাপ এই আটাইকেইটাৰ সুষম সংমিশ্ৰণত নাটকৰ জীৱন্ত ৰূপ দৰ্শকবৃন্দই উপভোগ কৰি আনন্দ ,বিষাদ আদি লাভ কৰে ৷
প্ৰাথমিক শিক্ষাত শিক্ষাৰ্থীসকলৰ বয়স প্ৰায় ৬-১৪ বছৰ বুলি ধৰা হয় ৷ এই বয়সত শিক্ষাৰ্থীসকল্ সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ ক্ৰিয়া-কলাপৰ চাক্ষুক অভিজ্ঞতা লাভ কৰিব বিচাৰে ৷ সামাজিক অনুষ্ঠান হিচাপে বিদ্যালয়খনে শিক্ষাৰ্থীৰ প্ৰাণকেন্দ্ৰ ৷ বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হৈ নিজৰ নিজৰ ব্যক্তিত্ব গঢ় দিয়াৰ সুযোগ লাভ কৰে ৷ এতিয়া হয়তু প্ৰশ্ন উদয় হ'ব পাৰে নাটকে শিশুৰ মনত কি কৰিব পাৰে ? জনৈক কবিয়ে কিয় লিখিলে ভাওনা সবাহ গীত ভালপাওঁ বুলি শিশুৰ মনৰ কথা ৷
প্রাথমিক পর্যায়ত অধ্যয়নৰত এই কোমল মনৰ শিশুসকলে পিতৃ-মাতৃ অথবা অভিভাৱকসকলৰ পৰা বিদ্যালয়ত নিশিকা কিছুমান বাস্তৱ জীৱনৰ শিক্ষা লাভ কৰে ৷ ঠিক তেনেকৈ সত্ৰ-নামঘৰ আদি অনুষ্ঠানত ৰূপায়ণ কৰা ভাওনা বা নাট বিলাকৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হয় ৷ কাহিনীৰ চৰিত্ৰবিলাক নিজৰ লগত তুলনা কৰি তেওঁলোকে আমোদ পায় ৷ কাহিনীৰ সত্যতা তেওঁলোকে বিচাৰ নকৰে ৷ ভীমৰ বচন আঁতৰাই দু:শাসনৰ ৰক্তপাতৰ বীৰৰস শিশুসকলে পান কৰিব পাৰে ৷ ঠিক অনুৰূপধৰণে দ্ৰোপদীৰ বিলাপ শুনি বস্ত্ৰহৰণৰ সময়ত ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্যক প্ৰণিপাত জনাব পাৰে ৷
প্ৰাথমিক শিক্ষাত নাটকৰ গুৰুত্ব অপৰিসীম ৷ নামঘৰত অনুষ্ঠিত হোৱা ভাওনাখন উপভোগ কৰি বিদ্যালয়ৰ ছাত্ৰই পিছদিনাখন বিদ্যালয়ত আহি ভাওনাৰ যিকোনো এজন ভাৱৰীয়াৰ চৰিত্ৰৰ সংলাপ বা বচন গাব পাৰে ৷ মন কৰিলে শিক্ষক-শিক্ষয়িত্ৰীয়ে দেখিব এই যে নাটকীয় পৰিৱেশত য'ত শিশুজনে বিচাৰি পালে আনন্দদায়ক শিক্ষা বা অভিজ্ঞতা ৷
ক্ৰমশঃ
পৃষ্ঠা ১০
ধাৰাবাহিকঃ
সমাধিস্থ সপোনত
অংকুৰিত পোহৰ
মিনাৰা হুছেইন, নগাঁও
যোৱা সংখ্যাৰ পিছৰ পৰা
(নৱম)
ভাদমাহ শেষ হ'বৰে হ'ল। নামঘৰলৈ যোৱাই নহ'ল। আজি মই আৰু শাহু মা নামঘৰলৈ যাবলৈ ওলাইছোঁ। মালতীবায়ে ঘৰতে থাকিল ৰাধা আৰু গৌৰীৰ লগত। নামঘৰ বেছি দূৰ নহয়। শাহু মা যেন মোৰ লগত সহজ হ'ব পৰা নাই।
নামঘৰত সেৱা কৰিলোঁ। প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোবোৰ মনোকামনা পূৰণ হয়। যি সিদ্ধান্ত ল'বলৈ গৈ আছোঁ, মই জানোঁ সেইটো কোনেও সহজতে মানি নলয়। সকলোৱে আপত্তি দৰ্শাব। কিন্তু মই বুজাব পাৰিব লাগিব সকলোকে। অপ্ৰিয় সত্য কিছুমান নোকোৱাই ভাল। আজি পৰিস্থিতিত পৰি কিজানি ক'ব লগীয়া হ'ব পাৰে সকলো কথা।
" মোক শক্তি দিয়া। মাইনাদুজনীক যাতে নিজৰ কৰি ল'ব পাৰো।"
সেৱা কৰি নামঘৰৰ পৰা ওলাই আহিলোঁ। বাটতো বিশেষ কথা বতৰা নহ'ল আমাৰ মাজত।
অনুৰাগ অফিচৰ পৰা আহোঁতে মাইনা দুজনীলৈ বহুতো পুতলা লৈ আনিছে। মই দুয়োজনীক লৈ খেলি আছোঁ।
"নিমিশা... যেনেকৈ আছা তেনেদৰে থাকা। টিকলি দুজনীৰ সৈতে খুব মৰম লাগিছে তোমাক"
অনুৰাগে পকেটৰ পৰা মবাইলটো ওলাই ফটো এখন তুলিলে।
"চোৱা...ইহঁতদুজনীৰ প্ৰথম ফটো"
"অনুৰাগ...মই কথা এটা ভাবিছোঁ "
"কি...?"
"গৌৰী আৰু ৰাধাৰ.."
"ৰ'বা, ৰ'বা নিমিশা... তুমি বাৰে বাৰে কিয় গৌৰী আৰু ৰাধা নাম দুটা লৈ আছা ?"
অনুৰাগে উচ্চ সুৰত ক'লে।
"মই দেখোন যোৱাকালি কৈছিলো। এতিয়া আকৌ একেটা কথাকে লৈ..."
"মায়ে কি কৈছিল তুমি শুনা নাছিলা "
"শুনিছিলোঁ....তোমালোকলৈ অপেক্ষা কৰিছিলোঁ। কিন্তু পোন্ধৰ দিন পাৰ হৈ যোৱাৰ পিছতো যেতিয়া তোমালোকে ইহঁতদুজনীক কোনো নাম দিয়া নাছিলা, তেতিয়া মোৰ এই নাম দুটাই মনলৈ আহিল"
"বা বোৱাৰী বা...মনলৈ অকল এই নাম দুটাহে আহিল। আৰু তুমি নাম দিবলৈ কোন ?"
অনুৰাগৰ মাক আধা জপাই থোৱা দুৱাৰখন ঠেলি ৰুমলৈ সোমাই আহিল।
"মা আপুনিও আহিছে ভালেই হ'ল। মোৰ ক'বলগীয়া বহু কথাই আছে। প্ৰথমটো হ'ল মই গৌৰী আৰু ৰাধাক এড'প্ট কৰিম। লিগেলী।"
"গৌৰী...."
অনুৰাগ চিঞৰি উঠিল।
নিমিশাই চাই ৰ'ল অনুৰাগলৈ।
"হাউ নিমিশা হাউ ? ৱিডৱাউড মাই কনচেন্ট , হাউ ? আৰু পিতৃ পৰিচয় কি দিবা ?"
"মই যিখিনি কথা কেতিয়াও তোমাক নজনাও বুলি ভাৱিছিলো, আজি জনাব লাগিব। মই আজি তিনি বছৰে মৰি মৰি জীয়াই আছোঁ। কিয় জানা অনুৰাগ। একমাত্ৰ তোমাৰ বাবে। তুমি যাতে কষ্ট নোপোৱা, তুমি যাতে সদায় এনেদৰে হাঁহি থাকা তাৰবাবে মই সকলো অকলে সহিছিলোঁ"
নিমিশাই চকুৰ পানী মচি খিৰিকীৰে বাহিৰলৈ চাই ৰ'ল।
"নিমিশা... কি কৈ আছা।ভালদৰে বুজাই কোৱা। আৰু ইহঁত দুজনীক মোৰ ল'ৰাৰ নাম, মোৰ বংশৰ নাম দিবলৈ তুমি অধিকাৰ ক'ত পালা ?"
"জানেনে মা ...আমি নাৰী সকলেই এখন ঘৰ গঢ়িব পাৰোঁ। আৰু এখন ঘৰ ধ্বংসও কৰিব পাৰোঁ। আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰৰ আগতে গৌৰীৰ লগত যি ঘটিছিল তাৰ বাবে দেউতা জগৰীয়া। এজনী ফুলকুমলীয়া ছোৱালীৰ জীৱনৰ লগত খেলা কৰি শেষ কৰি দিলে। কিন্তু আপুনি ক'ত আছিল মা ? মোক ক্ষমা কৰিব। বহুতো নকবলগীয়া কথা ক'বলৈ আজি মই বাধ্য। "
"নিমিশা... ডন্ট ক্ৰছ ইউৰ লিমিট"
"অনুৰাগ ...তাইক ক'বলৈ দে। কোৱা নিমিশা কোৱা মোৰ ভুল ক'ত ?"
"ভুল এইখিনিতে যে আপুনি সকলো দেখিও নেদেখিছিল। ঘৰত গাভৰু ছোৱালী আছিল আপোনাৰ সহায়ৰ বাবে। সিহঁত সুৰক্ষিত আছেনে নাই, এবাৰ খবৰ কৰিছিল নে ? কিছুমান পুৰুষ সুবিধাবাদী।সুযোগৰ সন্ধানত থাকে। তাতে কেও কিছু নোহোৱা বাগানীয়া ছোৱালী। আৰু ৰাধা। তাইৰ কি দোষ আছিল ? সমাজত আপোনালোকৰ মান মৰ্যাদা অটুত থাকিবলৈ ৰাধাক নিজৰ নাম দিলে। কিন্তু মনত ঠাই দিছিলনে কেতিয়াবা ? মা সময় পালে ৰাধাৰ ডায়েৰীবোৰ পঢ়িব। কিমান বিচাৰিছিল আপোনাৰ এটি উস্ম চুম্বন। দেউতাৰ লগত খেলিবলৈ। মা জানেনে যেতিয়া আপোনালোকে অনুৰাগক লৈ ফুৰিবলৈ গৈছিল, ৰাধাই মালতীবাইৰ কোলাত শুই শুই কান্দিছিল। মা তাই তাইৰ জন্ম বৃতান্ত সকলো গম পাইছিল, যেতিয়া তাইক অকলে হস্পিতালত মালতীবাইৰ লগত থৈ আহিছিল। আপোনাৰ আৰু দেউতাৰ কথোপকথনৰ পৰা সকলো গম পাই গৈছিল।তেতিয়া তাইৰ বয়স মাথো দহ বছৰ হৈছিল। তাই সকলো জানিছিল। কিন্তু নজনাৰ ভাও ধৰিছিল। কিজানি এইবোৰ জনাজনি হ'লে আপোনালোকৰ সন্মান হানি হয়।"
অনুৰাগ মোৰ ওচৰলৈ আহি মোৰ চকুৰ পানী মচি দিলে।
"নিমিশা... ৰাধাই সকলো জানিছিল। আমি তাইক..."
অনুৰাগৰ চকু সেমেকি উঠিল।
"অ অনুৰাগ ...তাইৰ ডায়েৰীৰ পৃষ্ঠাবোৰ সাক্ষী হৈ ৰ'ল তাইৰ অভিমানৰ, তাইৰ চকুৰ পানীৰ। তাইৰ হৃদয়ে বিচাৰিছিল তোমালোকক, তোমালোকৰ মৰম, মাৰ মৌসনা মিঠা মাত এষাৰ, দেউতাৰ স্নেহ আৰু তোমাৰ পৰা অলপ সমবেদনা।ককায়েক বুলি কেতিয়াবা তাইৰ মনটো জানিবলৈ চেষ্টা কৰিছিলা নে ?"
আগলৈ..
পৃষ্ঠা ১১
অণুগল্পঃ
ক/ আঘাত
মীনাক্ষি ৰায় ডাকুৱা
গোলকগঞ্জ, ধুবুৰী ।
চুড়ান্ত হতাশা আৰু ঘৃণাত দুৱাৰখন সশব্দে জপাই অমিত তাৰ কোঠালিৰ ভিতৰলৈ সোমাই গ'ল । এক অবিশ্বাস্য ভয়ানক ধুমুহাই তাক এদিনতে পোহৰৰ পৰা ঘোৰ অন্ধকাৰলৈ লৈ গৈছে । তাৰ একমাত্ৰ আদৰ্শ মৃণ্ময় আজি তাৰ চকুত ভাঙি টুকুৰা- টুকুৰ হৈ গৈছে । মূৰৰ ভিতৰত দেউতাকৰ কথাখিনিয়ে তোলপাৰ কৰি আছে —"এই প্ৰজন্ম বৰ অস্থিৰচিত্ত । তেওঁলোকৰ কোনো নীতি-আদৰ্শ নাই ।"
ৰাতিৰ নৈঃশব্দক চূৰ্ণ কৰি হঠাৎ এক অস্পষ্ট গেঙনিৰ শব্দত মনোৰমা দেৱী চঁক খাই উঠিল । এক অজান আশঙ্কাত তেওঁ অমিতৰ কোঠালিলৈ সোমাই আহিল । খিৰিকিৰে বাহিৰৰ পৰা অহা পোহৰত তেওঁ দেখিলে—বিছনাত পৰি আহত জন্তুৰ দৰে কান্দি আছে অমিত । কান্দোনৰ দমকত তাৰ চব্বিছ বছৰৰ শৰীৰটো কঁপি কঁপি উঠিছে । পৰম মমতাত অমিতক সাৱটি ধৰি তেওঁ কান্দিব ধৰিলে । তেওঁৰ হতাশা, অভিমানৰ সঞ্চিত মেঘ অশ্ৰুধাৰা হৈ নামি আহিল । এক অসহায়তা, এক সহমৰ্মিতা, এক অপাপবিদ্ধতাৰ হাতত ধৰি মাতৃ-পুত্ৰৰ কান্দোন ইথাৰ তৰঙ্গৰ মাজেৰে ৰাতিৰ আকাশ-বতাহত মিলি গ'ল ।
খ/ স্কুটী
অৰুণিমা ভট্টাচাৰ্য্য
"ইমান ধুনীয়া লাগিছে ৰঙা ৰঙটো...ফটো এখন উঠাই দে না।"
কথাষাৰ কৈ তাই ধুনীয়াকৈ থিয় দিলে।
ঘৰলৈ উভতি আহিব বুলি ভাবি তাই ৰৈ গ'ল। মাকে জীৱন মহাজনৰ ঘৰত সোমাই টকাৰ কথা সুধিব কৈছিল দেখোন।
"টকাখিনিৰ বাবদ এইখন থৈ যা।" মহাজনৰ ছোৱালী বিদিশাই তাইৰ ফালে চাই ক'লে।
চাবিপাত বিদিশাৰ ফালে আগবঢ়াই দিলে তাই, আনখন হাতত ঘৰখনৰ ক্ষুধা নিবাৰণৰ ব্যৱস্থা ।
ঠিকনাঃ
সহকাৰী অধ্যাপিকা
বৰনগৰ মহাবিদ্যালয়
সৰভোগ , বৰপেটা।
পৃষ্ঠা ১২
গ/ বৰষুণ
চুমকী শৰ্মা।
যোৰহাট।
অন্নয় জ্ঞানবিহীন নন্দিনীক প্ৰথম গৃহ প্ৰৱেশ দিনাৰ পৰাই ঘৰৰ অমতত বিয়া হোৱা দোষাৰোপত বাক্যবাণ কৰা দিন ধৰি তাই চকুৰ জলজ জাহাজত আশাৰ কাজল আকি গ'ল। শেষত তাই এটা বিশেষ পৰীক্ষা পাছ কৰি শিক্ষয়িত্ৰী চাকৰিটো পোৱাৰ পিছৰে পৰা একেখিনি মানুহেই যেতিয়া দুটা কেছুৱাৰ সহিত পঢ়ি সফল হোৱাৰ সলাগ ল'লে তাইৰ চকুৰে বাগৰি যোৱা নীৰ দুটোপালে অতীতৰ সকলো বৰষুণ মোলান পেলালে।
ঘ/জীৱন তৃৃষ্ণা
কবিতা শৰ্মা।
গুৱাহাটী
মানুহজনৰ হাত দুখন বাউসীতে কটা ৷ ভৰি দুখনৰো কোনো অংশই অৱশিষ্ট নাই ৷ এটুকুৰা জীয়া মাংস পিণ্ডৰ দৰে বাগৰি বাগৰি বাটটোৰে আগুৱাই আহি থকা মানুহজনক দেখি ছোৱালী জনী থমকি ৰ’ল ৷ জীয়াই থকাৰ কি দুৰ্বাৰ আকাংক্ষা ! ৰে'ল আলিলৈ বুলি আগবঢ়া ছোৱালী জনীয়ে তাইৰ পথ সলালে ৷
পৃষ্ঠা ১৩
এক মিনিটৰ গল্পঃ
ভাগ্যলিপি
ঝৰ্নালী শৰ্মা বৰকটকী
খবৰটোৱে নপাম গাওঁখন জোঁকাৰি পেলালে । কোনেও ভাবিব নোৱাৰা কাম নপামৰ ৰমলাৰ পুতেক চম্পকে কৰি দেখুৱালে। ৰমলাৰ ঘৰখনত আজি গাঁৱৰ মৌজাদাৰৰ পৰা আদি কৰি সকলো মানুহে আহি ভীৰ কৰিলেহি। তেতিয়ালৈকে নপঢ়া নুশুনা ৰমলাই একোকে ধৰিব পৰা নাই , কিয়নো ইমানবোৰ মানুহ আজি সিহঁতৰ ঘৰলৈ আহিছে। তাকে দেখি শুনি তাই বুকুখন ধান বনাদি বানিবলৈ ধৰিলে। ʼহে হৰি আমাৰ চম্পকে কিবা বেয়া কাম কৰিলে নেকি বাৰু, সিতো মোক নোকোৱাকৈ একোকে নকৰে। বাপেক নোহোৱা লʼৰাটো জনা-বুজা হোৱাৰে পৰা কমখন কষ্ট কৰিছেনে ? জানো পাই আজি আকৌ কি হ'ল !ʼ এই বুলি ৰমলাই মুখৰ ভিতৰতে ভোৰভোৰাবলৈ ধৰিলে। এনেতে এজনে মাত লগালে ʼ অʼ বাই তইনো কʼত ঘূৰি ফুৰিছ অ, ল'ৰা অহাই নাই নেকি। তোৰ ঘৰলৈ অʼতবোৰ মানুহ আহি আজি পদূলিতে ৰৈ আছেʼ । কথা নাই বতৰা নাই আগ-গুৰি একো নোকোৱাকৈ সদানন্দই কোৱা কথা কেইষাৰ ৰমলাই একোকে বুজিয়ে নেপালে।
লাহে লাহে ৰাইজৰ মাজত গুনগুননি আৰম্ভ হ'ল ʼ কমখন কষ্ট কৰি ৰমলাই ল'ৰা পঢ়ুৱাইছিল নে ? হেৰৌ পদুম ফুল বোকাতহে ফুলে সেয়াও জানি থব আকৌ দেইʼ গাঁৱৰে ল'ৰা নগেনে কৈ থকা কথা কেইষাৰতহে ৰমলাই গম পালে পুতেকে নিশ্চয় কিবা ভাল কাম কৰিছে নহ'লেনো যাৰ ঘৰৰ কাষেৰে পাৰ হৈ গলেও গাত চেকা লাগিব বুলি ভবা ৰাইজ আহি সিহঁতৰ ঘৰত ভীৰ কৰেহিনে বাৰু ! হওক তেও তেৰাই যি কৰে ভালেই কৰে। গুনাগাথা কৰি থাকোঁতেই চম্পক আহি ঘৰ ওলালহি। তাক দেখি সকলো আগবাঢ়ি আহি তাক গামোচা পিন্ধালে। আশীৰ্বাদ কৰিলে।
মৌজাদাৰ সদানন্দই সকলোৱে শুনাকৈ চিঞৰি চিঞৰি চিঞৰি ক'বলৈ ধৰিলে ʼ এই চম্পকে আজি আমাৰ গাঁৱৰ নাম ৰাখিলে। আমাৰ গাঁৱৰ পৰা প্ৰশাসনিক বিষয়াৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ল'ৰা ইয়ে প্ৰথম। অকল গাঁৱৰে কিয় অসমৰ নাম উজ্বল কৰিলে। মাক-দেউতাকে বহু সাধনাৰ ফলতহে এনে এটুকুৰা হীৰা পায়ʼ । তেতিয়াহে ৰমলাই উৰহি গছৰ ওৰটো বিচাৰি পায়। এয়া ভাগ্যৰ লিখন। ভাগ্যখন তেৰাই জন্মতে লিখি পঠিয়াই, কোন কেতিয়া কʼত কি হয় কোনেও নেযানে, যাক এদিন মানুহে সমাজত ঠাই দিয়া নাছিল, সিয়েই আজি গাঁৱৰ উজ্বল নক্ষত্ৰ হʼল।ʼ এই বুলি ৰমলাই মুখৰ ভিতৰতে বকি বকি ভিতৰলৈ সোমাই গʼল।
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং-৯১০১৮৬০৩৫৯.
পৃষ্ঠা ১৪
অনুবাদ কবিতা ঃ
Because I Could Not stop for Death
(By Emily Elizabeth Dickinsion)
Because I could not stop for death-
He kindly stopped for me-
The Carriage held but just Ourselves-
And immortality .
We slowly drove-He knew no haste
And I had put away
My labor and my leisure too.
For His Civility-
We passed the School, where Children strove
At Recess-in the Ring-
We passed the Fields of Gazing Grain-
We passed the Setting Sun-
Or rather -He passed Us-
The Dews drew quivering and Chill-
For only Gossamer, my Gown-
My Tippet-only Tulie-
We paused before a House that seemed
A Swelling of the Ground-
The Roof was scarcely visible-
The Cornice-in the ground-
Since them-'tis Centuries -and yet
Feels shorter than the Day
I first surmised the Horses ' Heads
Were toward Eternity-
যিহেতু মই মৃত্যুৰ বাবে ৰ'ব নোৱাৰিলোঁ
অনুবাদ: প্রাণকৃষ্ণ গোস্বামী
যিহেতু মই মৃত্যুৰ বাবে ৰ'ব নোৱাৰিলোঁ-
তেৱেঁই দয়া কৰি মোৰ বাবে ৰৈ দিলে
ৰথখনত কেৱল আমি
আৰু অবিনশ্বৰতা ৷
আমি ধীৰে ধীৰে আগবাঢ়িছিলোঁ
তেওঁ খৰ-খেদা নাজানিছিল
আৰু মই সামৰি থৈ আহিছোঁ
মোৰ শ্ৰম আৰু অৱসৰো
তেওঁৰ অমায়িকতাৰ বাবে
আমি পাৰ হ'লো পঢ়াশালীখন, আজৰি সময়ত
য'ৰ খেলাস্থলীত শিশুবোৰৰ প্ৰচেষ্টা
আমি উৰ্দ্ধমুখী শস্যৰ পথাৰখন পাৰ হ'লো
আমি ডুবন্ত সূৰুযক পাৰ হ'লো ৷
আচলতে -সূৰুযেহে আমাক পাৰ হৈ গ'ল
নিয়ৰবোৰ শীতল হৈ কঁপনি উঠিল
মাথোঁ শূণ্যত ওপঙা, মোৰ গাৰ চোলা
মোৰ গলবস্ত্ৰ -নিচেই পাতল আৱৰণ ৷
আমি এটা ঘৰৰ সন্মুখত ৰ'লোঁ, যিটো দেখাত
যেন উখহি থকা মাটিৰ ডিপ
ওপৰৰ চালিখন প্ৰায় নেদেখাৰ দৰে
মাটিত কৰা আছে কাৰ্ণিচ ৷
তেতিয়াৰ পৰা -কত শতিকা পাৰ হ'ব -তথাপি
দিনটোতকৈও চুটি যেনহে লাগে
মই প্ৰথমবাৰলৈ অনুভৱ কৰিলোঁ
ঘোঁৰাৰ মুখকেইখন আছিল
অনন্তকালৰ দিশে ৷
( আমেৰিকাৰ কবি এমিলি ডিকিস্নৰ জন্ম ১৮৩০ চনত ৷ তেওঁৰ জীৱন কালত ১৮০ টা কবিতা প্ৰকাশ পাইছিল ৷ বহু অপ্ৰকাশিত কবিতা তেওঁৰ মৃত্যুৰ (১৮৮৬) ৰ বহু বছৰৰ পিছত ১৯৫৫ চনত প্ৰকাশিত সংকলনত সন্নিবিষ্ট হৈছিল ৷ তেওঁৰ এই কবিতাটিত ১৮৯০ চনত প্ৰথম প্ৰকাশ পাইছিল ৷ তেওঁ প্ৰকৃতিৰ ওপৰত লিখিলেও সৰ্বাধিক কবিতা জৰা-ব্যাধি-মৃত্যুৰ ওপৰত ৰচিত)
পৃষ্ঠা ১৫
আঠ বছর আগের এক দিন
কবিঃ জীবনানন্দ দাশ।
শোনা গেল লাশকাটা ঘরে
নিয়ে গেছে তারে;
কাল রাতে ফাল্গুনের রাতের আধারে
যখন গিয়েছে ডুবে পঞ্চমীর চাদ
মরিবার হল তার সাধ।
বধু শুয়ে ছিল পাশে-শিশুটিও ছিল;
প্রেম ছিল, আশা ছিল জোছনায় তবু সে দেখিল
কোন্ ভূত ? ঘুম কেন ভেঙে গেল তার ?
অথবা হয় নি ঘুম বহুকাল- লাশকাটা ঘরে মুয়ে ঘুমায় এবার।
এই ঘুম চেয়েছিল বুঝি !
রক্তফেনামাখা মুখে মড়কের ইঁদুরের মতো ঘাড় গুঁজি
আঁধার ঘুঁজির বুকে ঘুমায় এবার
কোনোদিন জাগিবে না আর।
‘কোনদিন জাগিবে না আর
জানিবার গাঢ় বেদনার
অবিরাম অবিরাম ভার
সহিবে না আর-’
এই কথা বলেছিল তারে
চাঁদ ডুবে চলে গেলে অদ্ভুত আঁধারে
যেন তার জানালার ধারে
উটের গ্রীবার মতো কোনো এক নিত্বব্ধতা এসে।
তবুও তো পেঁচা জাগে ;
গলিত স্থবির ব্যাঙ আরো দুই মুহূর্তের ভিক্ষা মাগে
আরেকটি প্রভাতের ইশারায়–অনুমেয় উষ্ণ অনুরাগে।
টের পাই যূথচারী আঁধারের গাঢ় নিরুদ্দেশে
চারি দিকে মশারির ক্ষমাহিন বিরুদ্ধতা;
মশা তার অন্ধকার সঙ্ঘারামে জেগে থেকে জীবনের স্রোতে ভালোবাসে।
রক্ত ক্লেদ বসা থেকে রৌদ্রে ফের উড়ে যায় মাছি;
সোনালি রোদের ঢেউয়ে উড়ন্ত কীটের খেলা কত দেখিয়াছি।
ঘনিষ্ঠ আকাশ যেন কোন্ বিকীর্ণ জীবন
অধিকার করে আছে ইহাদের মন:
দুরন্ত শিশুর হাতে ফড়িঙের ঘর শিহরণ
মরণেরাসথে লড়িয়াছে;
চাঁদ ডুবে গেলে পর প্রধান আঁধারে তুমি অশ্বত্থের কাছে
একা গাছা দড়ি হাতে গিয়েছিলে তবু একা একা;
যে জীবন ফড়িঙের, দোয়েলের মানুষের সাতে তার হয় নাকো দেখা
এই জেনে।
অশ্বত্থের শাখা
করে নি কি প্রতিবাদ? জোনাকির ভিড় এসে
সোনালি ফুলের স্নিগ্ধ ঝাঁকে
করে নি কি মাখামাখি?
বলে নি কি: বুড়ি চাঁদ গেছে বুঝি বেনো জলে ভেসে?
চমৎকার!
ধরা যাক দু-একটা ইদুর এবার!
জানায় নি পেচা এসে এ তুমুল গাঢ় সমাচার?
জীবনের এই স্বাদ- সুপক্ক যবের ঘ্রাণ হেমন্তের বিকেলের-
তোমার অসহ্য বোধ হল;
মর্গে কি ওমোটে
থ্যাঁতা ইঁদুরের মতো রক্তমাখা ঠোঁটে!
শোনো
তবু এ মৃতের গল্প;-কোনো
নারীর প্রণয়ের ব্যর্থ হয় নাই;
বিবাহিতা জীবনের সাধ
কোথাও রাখে নি কোনো খাদ,
সময়ের উদবর্তনে উঠে এসে বধূ
মধু-আর মননের মধু
দিয়েছে জানিতে
হাড়হাভাতের গ্লানি বেদনার শীতে
এ জীবন কোনোদিন কেঁপে ওঠে নাই;
তাই
লাশকাটা ঘরে
চিৎ হয়ে শুয়ে আছে টেবিলের ‘পরে।
জানি-তবু জানি
নারীর হৃদয়-প্রেম-শিশু-গৃহ-নয় সবখানি;
অর্থ নয়, র্কীতি নয়, সচ্ছলতা নয়-
আরো এক বিপন্ন বিস্ময়
আমাদের অন্তর্গত রক্তের ভিতরে
খেলা করে
আমাদের ক্লান্ত করে;
ক্লান্ত ক্লান্ত করে:
লাশকাটা ঘরে
সেই ক্লান্তি নাই;
তাই
লাশকাটা ঘরে
চিৎ হয়ে শুয়ে আছে টেবিলের ’পরে।
তবু রোজ রাতে আমি চেয়ে দেখি, আহা,
থুরথুরে অন্ধ পেচা অশ্বত্থের ডালে বসে এসে
চোখ পালটায় কয়: বুড়ি চাঁদ গেছে বুঝি বেনো জলে ভেসে?
চমৎকার!
ধরা যাক দু একটা ইদুর এবার –
হে প্রগাঢ় পিতামহী , আজও চমৎকার?
আমিও তোকার মতো বুড়ো হব–বুড়ি চাঁদটারে আমি করে দেব
কালীদহে বেনো জলে পার;
আমরা দুজনে মিলে শূন্য করে চলে যাব জীবনের প্রচুর ভাঁড়ার।
আঠ বছৰ আগৰ এটি দিন
অনুবাদঃ অৰুণিমা মহাপাত্ৰ
নতুন দিল্লী
শুনিবলৈ পালো যে তাক হেনো
মৰা'শ কটা ঘৰটোলৈ নিলে ;
কালি ফাগুনৰ নিশাৰ ঘোৰ অন্ধকাৰত পঞ্চমী তিথিৰ জোনটো যেতিয়া মাৰ গৈছিল
কিয় বাৰু তেতিয়া তাৰ মৰিবলৈ মন গ'ল ?
ঘৈণীয়েক আৰু শিশুটিও তাৰ কাষতেই আছিল শুই ;
প্ৰেম আছিল জোনাকৰ আশা আছিল
তথাপি সি কিয় জানো দেখা পালে কিবা ভূত ?
হঠাতেই কিয় বাৰু ভাঙিল তাৰ টোপনি !!
নতুবা বহুকাল ধৰি ভালকৈ টোপনিয়েই অহা নাছিল তাৰ,
'মৰাশ কটা ঘৰটোত এতিয়া সি সুখতে নিদ্ৰা যায়,
হয়তো বা এনেকুৱা টোপনিয়েই বিচাৰিছিল সি !
মুখত তেজ উঠি মড়কৰ সময়ত
মুখ গুজি মৰি থকা নিগনি বোৰৰ দৰে,
আন্ধাৰৰ বুকুত মুখ গুজি যি এবাৰ টোপনি গ'ল,
হায় ! সি ছাগৈ আৰু কাহানিও যে নুঠে সাৰ পাই ,
সাৰ সি নাপাব যে কোনোদিনেই হায় !
গভীৰ বেদনাৰ অবিৰাম ভাৰ
সহিব নোৱাৰিলে হায় !'
এই খিনি কথা কৈ মেলি
মাৰ যায় জোনটোও আন্ধাৰতে লুকা ভাকু খেলি খেলি,
উটৰ গ্ৰীবাৰ দৰে খিৰিকী মুখত এসোপা নিস্তব্ধতা আহি ৰৈ থাকে,
তথাপিও ফেঁচা বোৰ সাৰে থাকে ,
গেলিযোৱা স্থবিৰ ভেকুলীটোৱে ভিক্ষা মাগিলে আৰু দুটা মুহূৰ্ত, এটা নতুন প্ৰভাতৰ ইঙ্গিতত- অনুমেয় উষ্ণ অনুৰাগত।
গ'ম পাওঁ এজাক ডাঠ আন্ধাৰ দলবান্ধি ওলালে নিৰুদ্দেশ যাত্রাত
চাৰিওফালে এখন ডাঠ আঠুৱাৰ ক্ষমাহীন বিৰুদ্ধতা;
মহ আৰু আন্ধাৰ দুয়ো একেলগে সাৰ পাই থাকে ,
ভালপাই জীৱনৰ স্ৰোত ।
তেজ বোকাত বহি থকা মাখিবোৰ ৰ'দ পুৱাবলৈ উৰি গুচি যায়,
দেখিলো বহুত উৰন্ত কীটৰ খেলা
সোণোৱালী ৰ'দ সনা ঢৌৰ বুকুত ।
ঘনিষ্ঠ আকাশখন যেনিবা এটা বিকীর্ণ জীৱন,
অধিকাৰ কৰিলে আজি ইহঁতৰ মন,
এটি দুৰন্ত শিশুৰ হাতত যেনিবা এটি ফৰিঙৰ শিহৰণ,
মৃত্যুৰ লগত যুঁজি যুঁজি
জোনটোও মাৰ গ'ল,
ডাঠ আন্ধাৰত তুমি গৈ আছিলা অকলে অকলে ৰছীডাল হাতত লৈ আঁহতজোপাৰ তললৈ,
কোনো মানুহক লগ পোৱাৰ কোনো আশা নাছিল জানি,
আঁহতৰ ডালবোৰে কৰা নাছিল জানো কোনো প্ৰতিবাদ ?
জোনাকী পৰুৱাৰ জাকে সোণালী স্নিগ্ধ ফুলনিত উৰি ফুৰা নাছিল নে উলাহতে ?
কোৱা নাই জানো : বুঢ়ী জোনবাই জনীও বানপানীৰ ঢলত গ'ল উটি
"অতি সুন্দৰ !
আৰু দুই চাৰিটা নিগনি ধৰিব পাৰিলে বৰ ভাল হয়।" বুলি .... দিয়া নাই জানো .....
ফেঁচাই এই তুমুল গূঢ় সমাচাৰ ?
জীৱনৰ সোৱাদ, হেমন্তৰ আবেলিৰ পকা ধানৰ মিঠা গোন্ধ
কিয় বাৰু তোমাৰ অসহ্য বোধ হৈছিল ?
মৰ্গৰ ঘিটমিটিয়া আন্ধাৰত
থেতেলি যোৱা নিগনিৰ দৰে তেজ সনা ওঁঠলৈ
তথাপিও শুনা চোন বাৰু !
এই মৃতকৰ গল্প :
কোনো নাৰী-প্ৰণয় নাই হোৱা ব্যৰ্থ,
বিবাহিত জীৱনৰো কোনো আশা থকা নাছিল অপূৰ্ণ হৈ,
সময়ৰ উদবর্তনত উথলি উঠিছিল প্ৰিয়া আৰু মৌ-
মৌ টুপি মননৰ,
খাবলৈ নোপোৱা ভিকহুৰ গ্লানি আৰু বেদনাৰ শীতে
কঁপোৱা নাছিল তাৰ জীৱন কাহানিও,
সেই বাবেই
মৰাশ কটা ঘৰত
লাংখাই পৰি আছে টেবুল খনৰ ওপৰত।
জানো মই !!
সকলো কথা জানো!!
নাৰীৰ হৃদয়, প্ৰেম, শিশু গৃহই নহয় সকলোখিনি,
অৰ্থ নহয়, কীৰ্তি নহয়, সচ্ছলতা নহয়-
এয়া যেন আৰু এক বিপন্ন বিস্ময়
আমাৰ দেহৰ তেজৰ কণিকাত
খেলা কৰে অবিৰাম
আমাক ভাগৰাই তোলে,
ক্লান্তিৰেই ক্লান্ত কৰে,
মৰাশ কটা ঘৰত পিছে
নাই সেই ক্লান্তি
সেই বাবে সি আজি
মৰাশ কটা ঘৰত
লাংখাই পৰি আছে টেবুলখনৰ ওপৰত।
তথাপিও প্ৰতি নিশাই
মই চাই থাকো,
আহ !
থৰকবৰক অন্ধ ফেঁচাই আঁহতৰ ডালত বহি চকু সলাই কয়:
"বুঢ়ী জোনবাই জনী উটি গ'ল বানপানীত ঢলৰ কোবত
ধৰা যাওক বাৰু দুই চাৰিটা নিগনি আকৌ এবাৰ!"
হে প্ৰগাঢ় পিতামহী, আজিও তুমি চমৎকাৰ ?
ময়ো তোমাৰ দৰে বুঢ়ী হ'ম
বুঢ়ীজোনবাই জনীও মই হৈ যাব,
কালীদহই বানপানীৰ পানী পাব,
আমি দুয়ো মিলি শূন্য কৰি থৈ যাম,
জীৱনৰ বিশাল ভাণ্ডাৰ ।
পৃষ্ঠা ১৬
কবিতাঃ
চিতাজুইৰ শোকগাথা
ৰুদ্ৰ সিংহ মটক
আমি কোনেও নেদেখিলো
ঘামত তিতি থকা শৰীৰবোৰ
বানত বুৰ গৈ থকা জুপুৰিবোৰ
আমি নুবুজিলোঁ দাৰিদ্ৰও এক মহামাৰী
আমি নক'লো প্ৰাৰ্থনাৰে নুগুচে দৰিদ্ৰ নাৰায়ণৰ
পেটৰ ক্ষুধা
আমি নুবুজিলোঁ ভোক নামৰ অশৰীৰী
দৈত্যটো কিমান আদিম কিমান বেছি হিংস্ৰ
চৌকাত জুই জ্বলা নাছিল দুদিন দুৰাতি
(সিদিনা পুৱা মাঘৰ মেজিও দাউদাউকৈ নজ্বলিল)
জুইকুৰা ৰু-ৰুকৈ জ্বলিছিল তেওঁৰ পেটত
ভোকে দেখা নাছিল
দাৰিদ্ৰৰ ৰাহুগ্ৰাসত দুচকুৰে সৰা ধাতৱ চকুপানী
ভোকে বুজা নাছিল নুমাই অহা তেজৰ হুমুনিয়াহ
কিম্বা ভগা বুকুৰ অস্ফুট আৰ্তনাদ
এনেকি, শেষ নিশ্বাসৰ মুহূর্ততো ভোকে
জনা নাছিল মানুহজনৰ মৃত্যু হৈছিল
অৱশেষত চোতাল ভৰিল বৰ মানুহ সৰু
মানুহেৰে; ধুমধামকে সৎকাৰৰ আয়োজন
ভোকে মুচকি মৰ মানুহজনৰ নিথৰ দেহটো
ফুল-চন্দনেৰে মেৰিয়াই চিতাত আলফুলকে
শুৱাই দিয়া হ'ল
পিছে কি আচৰিত !
জুইকুৰা কঁপি উঠিল
শব্দহীন এদিঙি শোকত
ভোগবাদৰ প্ৰভুহঁতৰ পৃথিৱীত
ৰুটি এটুকুৰাও নাছিল নেকি বাৰু
দৰিদ্ৰ নাৰায়ণৰ
ভোকাতুৰ কংকালটোৰ বাবে !
পৃষ্ঠা ১৭
সমৰ্পন
অনুৰাগ শইকীয়া
হাত দুখন নবন্ধালৈকে
মই সম্পূৰ্ণ ঠিকেই আছিলো
মাজনিশা ফেঁচাৰ গালৈ শিলগুটি মাৰিছিলো
এবুকু পানীত পাতিছিলো জাল
জোকে ভৰা দলনীৰ পৰা
খেপিয়াই আনিছিলো বছৰৰ সুখ
আইৰ স্তনৰ ৰস চুহি ৰসাল কৰা
বুকুত ভুকুৱাই কৈছিলো ----
চাল্লা নেগুৰ কটা বান্দৰৰ জাত
ৰাতি হ'লেহে জপিয়াব পাৰ
ৰূপহী ভনীৰ গাত
খঙত , কুঠাৰৰ গাদিৰে গদিয়াই গদিয়াই গাঁতত
জপনা বগাওঁতেই মাৰি পুতি থৈছিলো
কেইবাটাও তেজপিয়া
সিহঁতক দেখিলে মোৰ তেজ জ্বলি উঠে
আৰু আজি ! মোৰ হাতদুখন বন্ধা
একমাত্ৰ ল'ৰা - ছোৱালী , মানুহজনীৰ বাবে
আই পিতাই নৈ পাৰতে ঘৰ সাজিলে .....
পৃষ্ঠা ১৮
পথাৰখন
ড. আৰাধনা বৰুৱা
যোৰহাট
প্ৰতিটো হৈমন্তী পুৱা
গপত ওফন্দি থকা
আঘোণীয়া ধাননি পথাৰখন
ক্ৰমে নিঃস্ব হৈ গৈ থাকে !
শাওণৰ পৰা আঘোণলৈ
ৰূপান্তৰৰ অপৰূপ মালিতা ৰচি
পথাৰখনে বুকুত বহন কৰে
এক শইচ সোণোৱালী ভৱিষ্যত !
চহা ৰাইজৰ
ঘাম আৰু পৰিশ্ৰমক সাকাৰ কৰা
এসাগৰ সেউজীয়া সোণালী হোৱাৰ
সেই ৰূপকথাৰ নীৰৱ সাক্ষী
পথাৰখন যেন সালংকৃতা হৈ পৰে !
নদাই, ভদাই, সোণপাহীহঁতৰ
নীৰৱ চকুৰ ভাষাক
আকাংক্ষিত সপোনক
বাঙ্ময় ৰূপদানৰ প্ৰচেষ্টাত ব্ৰতী
পথাৰখনক মায়াময় কুঁৱলীয়ে
মনোৰম আবেষ্টনীৰে ঢাকি ৰাখে !
সোণগুটি অপসাৰিত নিঃসাৰ পথাৰখন
নৰাৰ পেঁপাৰ
ৰিঙা মাতত
নিঃসংগতাৰ বিষাদত ভোগে
আকুল অপেক্ষাৰে অনাগত ভৰুণ দিন গণে ।
পৃষ্ঠাঃ ১৯
ব্যস্ততা
মিনহাজুল আবেদিন
ভয় হয়!
কেতিয়াবা হেৰাই যায় যদি
আজিৰ এই অপ্ৰিয় ব্যস্ততা,
তেতিয়া কাৰ হাত ধৰি পাৰ হ'ম
ধূসৰ মৰুভূমিৰ দীঘলীয়া পথ,
কোন মৰিচীকাই পাহৰাই ৰাখিব
যাত্ৰা পথৰ কন্ঠ শুকোৱা পিয়াহ।
কাৰ লগত কৰা অভিমানত
ফোনৰ চুইচ অফ্ কৰি
শুই শুইয়েই কটাই দিম
কঁকালত শিকলি লগাই টানি লৈ যোৱা
ৰজাৰ টেকেলা যেন দিনবোৰ।
কেতিয়াবা যদি ওভতি নাহো বুলি
কৈ একেবাৰে গুচি যায় এই ব্যস্ততা,
কোনে পাহৰাই ৰাখিব মোৰ
জীৱনে খোজে প্ৰতি দিয়া
সেই নিৰ্মম আঘাতবোৰ।
কোন উৎপতীয়া বন্ধুৰ বাবে
ফুটপাথৰ বেঞ্চখনতেই এৰি থৈ যাম
শুদা চাহ কাপৰ লগৰী
আধা জ্বলা চিগাৰেটটো।
কোন আপোনৰ কথাৰ ফুলজাৰিত
পাহৰি থাকিম সেই চিৰসত্য
"জীৱনৰ শেষত মৃত্যু যে অনিবাৰ্য"।
দূৰাভাষ- ৮১৩৩০৯০১৫৪
পৃষ্ঠা ২০
দিছপুৰ আছে
উৎপল কুমাৰ চক্ৰৱৰ্তী
আপোনাৰ সমস্যা মই নাজানো
মোৰ সমস্যা আপুনি নাজানে
সমস্যা বোৰৰ মাজত অন্য বহু সমস্যাই ঘেৰি ৰাখিছে আমাক
চৰকাৰী চাউল পাইছোঁ
চেনি, দালি, আটা, ময়দা
আনকি ঘৰ পায়খানা, লাইট সকলো পাইছোঁ
খাই আছোঁ, জীয়াই আছোঁ
জীয়াবলৈ সপোন দেখা এৰি দিছোঁ
প্ৰকৃততে সপোনবোৰ বন্ধকত থৈছোঁ
সপোনৰ কাঠগড়াত আমি অপৰাধী
অকতৃত্বশীল ভাবে আমি সপোন দেখিবলৈ লৈছিলো
চহৰত বৰষুণ
দিছপুৰ আছে__
ঘৰত বেমাৰী আই-পিতাই
দিছপুৰ আছে__
চৌখাত জুই জ্বলা নাই
দিছপুৰ আছে__
বেমাৰ হৈছে
অটল কাৰ্ড আছে
কেঞ্চাৰ হৈছে
দিছপুৰত চৰকাৰ আছে
মুঠতে আমি সুৰক্ষিত
বিজ্ঞাপন দিয়া নাই____
জীৱনৰ বিজ্ঞাপন দিছোঁ
জীয়াই থকাৰ প্ৰমাণ দিছোঁ
অতি সম্প্রতি আমি কুঁজা মানুহ
থিয় হ'ব পৰা নাই
সেয়া আমাৰ পৰাজয়
মুঠতে আমি অভিনয়ত অমিতাভ বচ্চন
সুখতো হাঁহো
দুখতো হাঁহো!
পৃষ্ঠা ২১
নষ্টালজিক
নিৰ্মালী মহন্ত,
যোৰহাট
গোন্ধৰো যে অতীত থাকে
এৰা ঘৰখনক
জীৱন দিয়াকৈ।
সকলোতে আছিল
এই আছিলতেই উম লৈ
বহি থাকে
কিমান যে কাহিনী।
কাহিনী বোৰৰ গিৰিহঁতবোৰ পিছে
এতিয়া এটা তলাৰ ভিতৰত জুপুকা মাৰিলে।
সেই যে গোন্ধবোৰ মন ব্যাকুল কৰা
এটুকুৰা চাবোনো হ'ব পাৰে
মনেট ছেন্টটো হ'ব পাৰে
নহ'লে পাৰ হৈ যোৱা
এচাটি বতাহো হ'ব পাৰে।
তাৰ পাছতো কিন্তু
দৌৰ মাৰি গৈ সাবটি ধৰা
তানবোৰ ছিগিয়েই গৈ থাকিল।
গোন্ধবোেৰ সেই ঠাইতেই
ৰৈ গ'ল
এদিনৰ কাৰনে অতীতক
সাবটিবলৈ।
কিছুমান গোন্ধে আজিও
আমনি কৰে
মনত পেলাইও যায়
এদিন মইও আছিলো
এটি সময়ৰ পৰিচয় হৈ।
পৃষ্ঠা ২২
কাগজ, কলম আৰু মাটি
আকাশ দেৱনাথ
মৰিয়নী,
যোৰহাট,
(১)
বাহিৰত,
চকুত,
বুকুৰ ভিতৰত কাৰোবাৰ
ফৰিংফুটা জোনাকভৰা
আকাশ।
এটি নতুন কৌশল
উন্মত্ত, উত্তেজিত
চিত্ৰশিল্পী জনৰ দেহ
স্বেদৰ প্লাবন।
'ক'লা' ৰঙীন ৰং
সুডৌল কেনভাছ ষ্টুডিঅ'ত,
তুলিকাৰ নিখুঁত চালনা।
বৃত্তটোৰ ভিতৰত অথচ
বাহিৰত-বহুদূৰত, পিশাচৰ আবৰ্তত
থকা এখনি মৰুভূমিৰ ওপৰত
এতিয়া আউঁসীৰ
'ৰঙা' পোহৰ।
চিত্ৰশিল্পী জন গুচি গ'ল
'ক'লা পাছপোর্ট' পিন্ধি বৃত্তটোৰ ভিতৰলৈ।
থৈ মৰুভূমিত এটি 'নিষিদ্ধ'
ছবি।
ইও এক কলা
কলাৰ বাবে!
(২)
আন সন্ধ্যাৰ দৰেই
দেৱগৃহত চাকি জ্বলিছে,
উচুপি থাকোঁতেই-হঠাৎ
শব্দ শুনি দৌৰি আহি দেখিলে তাই দুৱাৰ দলিৰ সন্মুখৰ পৰা
মাত্র এচিকুটমান মাটি
নাই। ভালকৈ
জুমি চাই
চিন দেখি বুজিলে
লৈ গ'ল কোনোৱাই কলমেৰে
খোঁচ মাৰি
হায়!
খৰিকীৰে চাই দেখে দূৰলৈ-সেয়া
কঁহুৱা গজিছে ছন-পৰা
বালি-মাটিত।
তাই যেন এখিলা কাগজত
লাহে-লাহে সোমাই গৈছে।
হঠাৎ-
পিশাচবোৰৰ মাজত হুলস্থুল
লাগিল, কোনোৱাই হেনো
কাগজত গঢ়িছে প্ৰতিমা,
মেলা চুলি, হাতত কাচিঁ, ধান
ৰং সোণালী।
বৃত্তটো হেনো
বেয়াকৈ কঁপিছে !
পৃষ্ঠা ২৩
উন্মুক্ত জীৱন
গীতাঞ্জলী ভূঞা বড়া
ইমান জোৰেৰে নিচিঞৰিবা,
হাই- উৰুমি নকৰিবা ।
মোৰ শুই থকা কলিজাটো
সাৰ পাই যাব ।
অলপ শান্তিত আছে ,
শুই আছে ,
শুবলৈ দিয়া ;
সাৰ পালে মোৰ
বেদনা সিক্ত কলিজাটোয়ে কেঁকাই উঠিব ।
তাৰ কেঁকনিত
তুমিও শুব নোৱাৰিবা
তোমাৰ শান্তিৰ নিদ্ৰা ভংগ হ'ব
ময়ো আৰু জগাই নিদিওঁ ।
নহ'লে বেদনাৰে ভৰি থকা
কলিজাটোৰ পৰা ৰক্ত নিগৰি
ৰঙীন অশ্ৰুৰ বন্যা ব'ব ।
কলিজাবিহীন মই, আজি সুখী ।
নাই দুখ , নাই সুখ ।
আশা নিৰাশাৰ স্থান নাই ।
উন্মুক্ত জীৱন মোৰ ,
মুক্ত বিহংগ মই ।
পৃষ্ঠা ২৪
জীয়া নদী
ছৈয়দা আঞ্জুম আৰা হুছেইন
গুৱাহাটী
মন পল পল জীয়া নৈ
মাছকুৰুকাই চুঁ মাৰি
ৰূপালী মাছৰ উমান পালেই
জপিয়াই থাকে নৈ...
নৈৰ পানী...
এআকাশ নীলা পি খোৱাৰ হেঁপাহত,
দুপহৰ বেলিয়ে জুমা জুমি কৰোঁতেই
নৈত ৰঙৰ উজান উঠে
ভাৱনাবোৰ ঢপলিয়াই ফুৰে
গোল বাগানৰ মাজে মাজে
ভৰুণ নৈয়ে
টপ টপকৈ গিলি থয় জীৱনৰ সপোন
চঞ্চল হাঁহিৰ উফৰি অহা টুকুৰা ;
বেলি পাটত বহকেইবা
নদীয়েতো জানে__
এআকাশ চুমালৈ কেনেকৈ
পানেই জনী হৈ
জাকৈৰে ৰূপোৱালী মাছ
খালৈত ভৰাব পাৰি
চঞ্চল পানীৰে ওমলি ভাঁহি
খিলখিল হাঁহিবোৰ
বতাহত এৰি দি !
সঁচাই মন পল পল জীয়া নৈ..
যাওকেই বাৰু পূৱত ভূমুকীয়াই
পশ্চিমলে ভাঁহি
সপ্ত সুৰৰ ৰাগ টানি..
ৰাগৰনো কি আকৌ ন পুৰণি !
পৃষ্ঠা ২৫
শাব্দিক
প্ৰশান্ত গগৈ
নাৰেংগী, গুৱাহাটী
দুটি ওঁঠেৰে উৰি যোৱা বগলীজাকৰ বতাহে
বসন্তৰ বুকুত বকুল ফুলায়
ৰঙীন গোলাপেও কাণপাতি
শুনে চিস্ম'গ্ৰাফৰ
কাটাৰ বিলাপ
এতিয়া হৃদয়ে হৃদয়ে আলাপ
বনৰ প্ৰজাপতিৰ অযুত পেখম
অ' হিৰন্ময় সময়
তয়ো গুজি ল দুখনি ডেউকা
উৰি যাবলৈ
আবেলিৰ বেলিৰো থাকে
পুৱাৰ ৰ'দালি স'তে গাভৰু হোৱাৰ বাসনা
অতীতৰো থাকে এটি ইতিহাস
ভৱিষ্যতৰো থাকে
প্ৰৱঞ্চিত হোৱাৰ সাধুকথা
তথাপিও শেৱালিৰ সুবাসে
নিয়ৰসনা ৰাতি
উজাগৰে সাজে সপোন এটি
টোকোৰা চৰাইৰ
অভিসাৰৰ সপোন দেখি।
পৃষ্ঠা ২৬
যশোধৰা নে উৰ্মিলা
ঊষাজোন ফুকন হাজৰিকা . বোকাখাত
এদিন এনেকৈ আহিছিলোঁ
এদিন এনেকৈয়ে গুচি যাম।
এনেকৈয়ে এদিন আমি
এজনে আনজনৰ ঠিকনা হেৰুৱাই পেলাম।
তোমাৰ খোজত খোজ মিলাই
গুচি যায় সুমথিৰা ৰঙী বেলি
মই চাই থাকোঁ
তুমি যোৱা সুদীৰ্ঘ পথ
ক্ৰমশ..
মই হেৰায় যাওঁ
তুমিহীনতাৰ ঘোৰ অন্ধকাৰত।
দূৰত্ব বাঢ়ি আহে তোমাৰ পৰা মোৰ
অন্তৰৰ নিভৃত কোণত ৰি-ৰিয়াই থাকে
চিনাকী মাতৰ অচিন সুৰ
নৈঃশব্দতাৰ নৈত সাতুৰি নাদুৰী
ভাগৰি পৰা
কোন মই ?
যশোধৰা নে উৰ্মিলা?
সময়ৰ বালিচৰত তুমি
তুমি হৈ নাথাকিলা
মই কিন্তু মই হৈয়ে ৰ'লো।অন্তহীন তোমাৰ মায়া
আৰ্কষণ প্ৰলোভনৰ ভাৰ সমিধান শূন্য জিজ্ঞাসাৰ
হিয়াত প্ৰতাৰিত পুৰুষৰ হাঁ- হুতাশ
বুজি পালো,
বাট বুলিলা তুমি অগ্যস্ত যাত্ৰাৰ ।
পৃষ্ঠা ২৭
মনৰ হেঁচাত বনষৌধি
নিহাল গগৈ
১)
মই গুচি যাব খোজোঁ
ন'ইয়ে খহাই নিয়া মাটিৰ লগত।
আত্মঘাতীৰে আপোনক বিপদত পেলোৱা
ন'ইখনক সুধিব বিচাৰোঁ
আপোন হোৱা অপৰাধ নেকি ?
২)
এটা সোণালী চৰাই মৃত্যুত
বৰষুণজাকে হৃদয়ফালি কান্দিছিল।
ৰ'দ বিচাৰি উৎসুকতাৰে মই কৈছিলোঁ,
কিয় মৃত্যু দেখোন সূৰুযৰ দৰে সত্য!
সেমেকা ৰ'দজাকে মোক স্তম্ভিত কৰি ক'লে,
জীৱনটো সূৰ্যৰ পোহৰৰ দৰে;
প্ৰস্ফুটিত কৰাত শক্তিশালী।
৩)
আন্ধাৰে লুকোৱাব পাৰে নে আন্ধাৰত লুকাব পাৰি ?
এন্ধাৰৰ জীৱনসংগী জোনক সুধিলোঁ।
জোনে নিজৰ কক্ষপথত থাকি সোঁৱৰাই দিলে
আত্মবিশ্বাসহীন তৰাবোৰ আন্ধাৰত লুকাই,
পপীয়া তৰাবোৰক আন্ধাৰে লুকোৱাই
আৰু এন্ধাৰে যাক সংগ দিয়ে
স্নিগ্ধতাৰ মূৰ্তি জোনৰ পোহৰ সিয়ে পায়।
পৃষ্ঠা ২৮
সময় লাগিব
দীপমণি দাস
ধুমুহাই শিলটোক বাৰে বাৰে সোধে
কি ধাতুৰে গঢ়া তই
সকলোকে পাৰোঁ
তোকহে নোৱাৰোঁ
শিলে কয়
পাৰিবি ককাই পাৰিবি
নোৱাৰা কাম একো নাই
এই পৃথিৱীত
মাত্ৰ এটা কথা
মোক শিল হ'বলৈ সময় লাগিছে
তোমাকো সময় লাগিব
বাকী কথা
আমি ভাই ভাই
পৃষ্ঠা ২৯
এখন ব্যস্ত চহৰত
মোৰ প্ৰেমিকজন হেৰাল
প্ৰীতিৰেখা দাস
বাংগালোৰ
আজিকালি তেওঁ ভীষণ ব্যস্ত । সময়কো পিছ পেলাই যেন তেওঁ দৌৰিব আগলৈ ।
আটলান্টিক মহাসাগৰত মেলি দিব খোজে তেওঁৰ স্বপ্নৰ জাহাজ ।
কেতিয়াবা তেওঁ ইউকেলিপেটাছৰ দৰে ওখ হৈও পৰিব খোজে ।
আৰু মোৰ দুভৰিৰ শিপা পোত খাই গৈ থাকে মাতিৰ গভীৰতাত ।
মই তেওঁক চুব নোৱাৰো...
ক'ব নোৱাৰো বুকুত গুজৰি-গোমৰি থকা অযুত অপ্ৰকাশিত কথা ।
এজাক আলফুল স্মৃতিৰ মাজত ৰৈ যাওঁ মই ।
আৰু তেওঁ পাখিলগা ঘোঁৰাত উঠি গুচি যায় দূৰলৈ ... বহু দূৰলৈ
আজিকালি তেওঁ বহুত ব্যস্ত ।
সয়ম নাই
এপলক মোৰ কাষত ৰৈ পাতিবলৈ কথা বহু হেঁপাহৰ ।
সময় নাই তেওঁৰ মোৰ কবিতাৰ ছন্দত আপোন পাহৰা হ'বলৈ ।
মই ধৰি ৰাখো সেই সময় , য'ত তেওঁ গুণগুনুৱা সুৰ বোৰে মোৰ বুকুত মৌ মেল পাতে।
তেওঁৰ ওঁঠৰ হাঁহিয়ে মোক উন্মনা কৰে ।
শেষ নোহোৱা কথাৰ গুঞ্জনৰে ভৰি পৰা সেই সোণোৱালী আবেলি ।
চকুত চকু থৈ পাৰ কৰা ভালপোৱাৰ পূৱা-গধূলি ।
বৰ অভাৱবোধ হয় তেওঁৰ সতে পাৰ কৰা সেই স্নিগ্ধ সময়ৰ ।
কথাই কথাই অভিমান....
মৰমৰ আলফুলীয়া আলিংগন ...
এজনৰ অবিহনে আনজনৰ বুকুত হোৱা কাতৰ ধৰফৰণি ।
উফ্ কি মায়াসনা সেই সময় ।
মনত পৰিলেই বৈ আহে চকুলো ।
তেওঁৰ বুকুৰ শীতল ছাঁয়াত টোপনি যোৱা ...
তেওঁৰ গানৰ আবেশত ভাঁহি ফুৰা সপোনৰ দেশত ...
সাৰ পাইও কাষত তেওঁকেই পোৱা । ক'ত হেৰাল প্ৰেমৰ সেই মৌ মিঠা সময়...
বৰ ব্যস্ত এই চহৰ । বৰ ব্যস্ত ।
ৰবলৈ সময় নাই....
শুবলৈ সময় নাই...
ৰৈ দিলেই যেন স্থবিৰ হৈ পৰিব সকলো ।
শুই দিলেই যেন নহোৱা হৈ যাব সকলো । দিন ৰাতি একাকাৰ কৰি সকলোৱে দৌৰিছে আগলৈ অাৰু পিছত ৰৈ গৈছে জীৱনৰ ৰিবৰিব মিঠা সময়বোৰ ।
এই ব্যস্ত চহৰখনতে মোৰ প্ৰেমিক জনো হেৰাল ।
আৰু মই বাট চাই আছো এক অপ্ৰশমিত আকুলতাৰে
প্ৰীতিময় পৃথিৱীলৈ তেওঁ পুনৰ ঘূৰি অহালৈ ।
পৃষ্ঠা ৩০
বিষণ্ণতাৰে
কল্পনা বড়া
ৰ'ৰৈয়া, যোৰহাট
এন্ধাৰ ৰাতি বিষণ্ণতাৰে
তৰাৰে ভৰা আকাশৰ
জোনটি চাই
সৰিছে শেৱালি ফুল
তোমাৰ অপেক্ষাত
চকুলো হৈ এপাহি দুপাহি
তুমি ওখ দেৱালৰ
সিটো পাৰে
প্ৰতিটো শৰতে সুবাস বিলাই
তোমাকেই সোঁৱৰাই
তুমি পাইছানে
শেৱালিৰ সুবাস
মৃদু মলয়াই তোমাকেই বিলাই
কেতিয়াবা চিঞৰি মতা
তুমি বাৰু শুনিছানে ?
দেৱালৰ কাষত ৰ'বা কাণ পাতি
শুনিবা বুকুৰ স্পন্দন
এবাৰ ভাবিবা আছে নেকি
মোৰ বাবে ৰৈ আন কোনোবা !
পৃষ্ঠা ৩১
নৈ হৈ বয়
মনচুমী কলিতা নাথ
কাকো নক'বা কথাবোৰ
বেৰৰো কাণ আছে জানা
চালৰো আছে চকু
মন গহনতে গুণগুণাই থাকক দিয়া আমাৰ প্ৰেমৰ আলাপ
জীপাল হৈ থাকক দিয়া কলিজাৰ তপত উমেৰে আমাৰ সম্পৰ্ক
শেষ হ'ল বুলিলেই জানো শেষ হ'ব পাৰে
আত্মীক প্ৰেমৰ মধুৰ সম্পৰ্ক
প্ৰেমৰ মিঠা সুৰ এটি হৈ
বাজি থাকক দিয়া
নদীৰ দুয়োপাৰে নিজানত
চিৰদিন বৈ থাকক দিয়া
প্ৰেমৰ নৈখন বুকুৰ মাজত
আনে নজনাকৈ থাকক দিয়া
দুয়োৰে হৃদয়ৰ অটুট বন্ধন
আছিল আছে আৰু থাকিব য'ত
প্ৰেম ভালপোৱা আদৰ মৰম
আনৰ দৃষ্টিত সম্পৰ্কটো
বন্ধুতকৈ অলপ বেছি
প্ৰেমতকৈ অলপ কম।
পৃষ্ঠা ৩২
আঘোণৰ অনুভৱঃ
সোঁৱৰণ
জ্যোতিমণি শইকীয়া বৰুৱা।
শাওনৰ হেঁপাহে পূৰ্ণতা পোৱা আঘোণৰ সোণোৱালী পূৰ্ণ গৰ্ভা পথাৰখনত ভৰি দি উভতি গ'লো স্মৃতিয়ে ঢুকি পোৱা অতীতৰ বুকুলৈ...
মনলৈ আহিছে ৰুদ্ৰ বৰুৱাই লিখা ৰেডিঅ'ত শুনা বীৰেন্দ্ৰ নাথ দত্তৰ সুৰীয়া কণ্ঠৰ
" পকা ধানৰ মাজে মাজে
সৰু সৰু আলি অ'
সৰু সৰু আলি,
আলিত পৰি গীত জোৰে
জাক বালিমাহী অ'
সৰু সৰু আলি...
আৰু মনলৈ আহিল...
পে...পে...পে... নৰাৰ পেঁপাৰ শব্দৰে আঘোণৰ পথাৰ উখল-মাখল... ৰিণ্টু, বুবু, পাহি, চিমিয়ে পথাৰত লেচেৰী বুটলি থাকোঁতে এবাৰ নৰা পেঁপা বজালে। লগতে থকা কণতিলৌয়ে পেঁপা বজাব নাজানি ককায়েক বুবুৰ ওচৰত আমনি কৰি আছে। বুবুয়ে বাঁহৰ হুলা মাৰি এডাল লৈ চেচোৰ খান্দিবলৈ লাগিল। চেচো দেখি কণতিলৌৰ আনন্দৰ সীমা নাইকিয়া হ'ল। বাকী কেইটাইও চেচো খান্দিবলৈ ধৰিলে।
পাহিয়ে সিখন পথাৰত থকা মাতুক ৰিঙিয়াই মাতিলে। একেফালে হালি থকা ভোগপ্ৰসাদ, শ'লপোনা ধানৰ থোকত থকা সেউজীয়া ধানৰ মাহী ছিঙি মাতুয়ে পাহিক ফোঁট দি দিলে।
পাহি, মাতু, বুবু হঁতৰ মাক, মাহীয়েক, বায়েক, খুৰীয়েক, বৰমাক গোট খাই ৰবাব টেঙা কাটি সিহঁতক খাবলৈ মাতিলে। ওচৰতে ম'হ চৰাই থকা বগাই আৰু হলীৰাম কায়েও ৰবাব টেঙা খাবলৈ আহিল। ৰবাব টেঙা খাওঁতেই আলোচনা হ'ল লেচেৰী বুটলি বনভোজ খোৱাৰ কথা। বুবুহঁতে দুগুণ উৎসাহেৰে কেইবাদিনো লেচেৰী বুটলিলে।
ৰাতি জোনাকে-আন্ধাৰে মেন্থন(নে মেন্থল) লাইটৰ পোহৰত দেউতাৰ ঘূৰ্ ঘূৰ্ শব্দৰে মৰণা মাৰি নিশাটো গভীৰ কৰা আঘোণৰ দিনবোৰ, বিশেষ কায়দাৰে গোবৰ পেলোৱা দৃশ্য, উখোন মৰা, পিছত মৰণা পতা, ভঁৰাল ঘৰত ধান ভৰোৱা, আমিও লগত সহায় কৰা কামবোৰ কিবা উৎসৱৰ দৰেই লাগে...
সময়ত পথাৰৰ লখিমী আনি সকলোৰে ঘৰ সোমুৱাই ধান দোৱা কাম শেষ হয়। পথাৰ উদং হ'ল। বুবুহঁতৰ লেচেৰী ধান মাৰি এডোণমান ধান পালে। গাঁৱৰ সকলোৰে পেহী ৰমলাপেহীয়ে জেতুকীৰ লগ হৈ ঢেঁকীত ধান খুন্দি চাউল উলিয়াই দিলে। সিহঁতৰ উদং পথাৰৰ বনভোজটোত সকলোৱে ধনে-ধানে, দেহে-কেহে লাগি সহযোগ কৰি বহুত স্ফূৰ্তি কৰিলে। কোনেও ভাঙিব নোৱাৰা টেকেলি ভঙা খেলখনে সকলোকে হঁহুৱালে। মিলিকি আইতাই সকলোৰে সৈতে বিহু নাচি আপোনপাহৰা হৈ পৰিল।
মুঠতে আঘোণ মাহৰ উদং পথাৰৰ বনভোজে সকলোকে অতি আনন্দ দিলে। আজি আৰু সেই দিন নাই। মাথোঁ স্মৃতি হৈ ৰ'ল হৃদয়ৰ মনিকোঠাত... নৱ প্ৰজন্মৰ বাবে এয়া এক সাধুকথা...
টেকেলা গাঁও,
যোৰহাট।
পৃষ্ঠা ৩৩
আঘোণ তোমাক স্বাগতম
জোন গগৈ চেতিয়া
চাবুৱা
শীতৰ আগমনৰ লগেলগে আঘোণ আঘোণ গোন্ধই মেৰিয়াই ধৰে গাঁৱে গাঁৱে৷ কঁহুৱাৰ কোমলতা ডাঠ কুঁৱলীৰ শুভ্ৰতাই চটিয়াই দিয়া আঘোণৰ থোকবোৰ ৰ’দ পাই জিলমিল কৰে ৷ আঘোণৰ পথাৰ ডৰাই মিচিকিয়াই হাঁহি উঠে ৷ নিয়ৰে টোপটোপকে চকুলো টুকে ৷ হালধীয়া সাজ পিন্ধি নাচি থাকে হালিজালিকৈ আঘোণী পথাৰখনে ৷
ধূলিয়ৰি পদূলিবোৰ সেমেকি থাকে৷ ধূলিয়ৰি বাটত কত ভৰিৰ খোজ মলিয়ন কৰে এই আঘোণে৷ সকলো আওকাণ কৰি পুৱাই খদমদম লাগে ঘৰবোৰত সোনকালে উঠি নাকেমুখে ভাতগৰাহ গুজি পথাৰলৈ বুলি লৰা ঢাপৰ কৰে ৷ আঘোণৰ পথাৰে দাৱনীবোৰক হাতবাউলি মাতে৷ দাৱনী গাত তত নাইকিয়া হয়৷
ৰ’দে পোৰা পথাৰত হাতত কাঁচি লৈ দাৱনীৰ হাতৰ মুঠিত ধানৰ থোকবোৰে নাচি উঠে ৷ কোমল মাটিত দাৱনীৰ ভৰিৰ পিছলে তথাপিও হেঁপাহৰ ধানমুঠি আদৰেৰে খামুচি ধৰি থাকে ৷
নৰাৰ ওপৰত আলাসৰে শুৱাই থয় ধানৰ মুঠিবোৰ৷ ভৰদুপৰীয়া ৰ’দত সকলোৱে লগলাগি ৰবাবটেঙা জুতি লোৱা হাঁহি খিকিন্দালিৰে ভৰি পৰা এই আমেজই সুকীয়া৷ ৰ’দ পৰাৰ ঠাইত দুফালে দুটা বাঁহৰ জেওৰা খুটিত কাপোৰ এখনেৰে ছাঁ দি অলপ সময় জিৰাই চাহপানীৰ জুতি লোৱা লগতে লেছেৰী বুটলিবলৈ নাপাহৰে দাৱনীয়ে ৷ হেঁপাহৰ সোণগুটি কোনো কাৰণতে আলাই আথানি নহওক তাৰে একান্তই লক্ষ্য থাকে দাৱনীবোৰৰ ৷
পথাৰত সিঁচৰিত হৈ থকা ধানৰ মুঠিবোৰ পিতাই এটা দুটাকৈ গোট খোৱাই ধানৰ ডাঙৰি বান্ধে৷ ডাঙৰিবোৰ ঘৰৰ আগফালৰ চোতালত দম খোৱাই থয় ৷ পিছদিনা পুৱতি নিশা কুকুৰাই ডাক নিদিয়া আগতে উঠি জাৰত কঁপি কঁপি হ’লেও গৰুহালেৰে মৰণা মাৰে৷ খেৰবোৰ জাৰি জোকাৰি বাৰীৰ এচুকত পাহাৰ বনাই থয় ৷
চোতালৰ একাষে আইয়ে ডলাখনত ধানবোৰ চাৰাককৈ চাৰাককৈ জাৰি জোকাৰি এখিনি চোতালত মেলি দিয়ে আনখিনি বাঁহনিৰ পৰা জেংবোৰ বুটলি আনি কেৰাহীৰ ধান সিজাবলৈ দপদপকৈ জুই লগাই দিয়ে ৷ ন খোৱাৰ আয়োজনো কৰা হয় সোনকালে ৷ আজিকালি উখোৱা চাউল বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰস্তুতি কৰা দেখা যায় যদিও আগতে বছৰে ধান নুজুৰিব বুলিহে কৰা দেখা যায়৷ সময়ৰ লগেলগে যেন চাহিদাৰ ভিক্তিও সুকীয়া হৈ পৰিছে ৷
শাওণ মাহৰ পৰা এই আঘোণ মাহলৈকে খেতিয়কে পথাৰখনলৈ কেইবাৰ যে ভুমূকি মাৰে৷ ধানবোৰ ভাল হৈছেগৈ নে বছৰ জুৰোৱাকৈ এইবাৰ হ’বগৈ নে বুলি প্ৰত্যেক খেতিয়কৰে চিন্তা হয় ৷ সেয়েহে এই আঘোণ আহিলে সকলো দুখভাগৰ একাষৰীয়া কৰি ধানমুঠি ভঁৰালত নোসোমোৱালৈকে গাত জিৰণি লোৱাতো ভাবিব নোৱাৰ কথা যেন হৈ পৰে৷
আঘোণৰ দিনবোৰত বাৰীখন নদনবদন হৈ পৰে লাই লফা পালেং কবি বিলাহী এশ এবিধ শাকেৰে জিলিকি থাকে৷ পুখুৰীৰ পৰা আনি থোৱা মাছে খলমলাই থাকে জুহালৰ মজিয়া ৷ আঘোণৰ দিনবোৰত ওচৰচুবুৰীয়া জন ফুৰিবলৈ আহিলে মুখত ভাতমুঠি নিদিয়াকৈ উভতি যাব নিদিয়া পৰম্পৰা এতিয়াও চলি আছে ৷
আঘোণ মানেই ল’ৰালিৰ হেঁপাহৰ এটি স্মৃতি উজাই আহে বুকুৱে বুকুৱে৷ কত যে ধেমালি চেঁচুৰ পম খেদি খেদি ভাগৰি নপৰা, নৰা পেঁপা বজোৱা, ৰবাবটেঙা খাবলৈ বহুদেৰিলৈ হাতত কলপাতখন লৈ হাত মেলি থকা টেঙা দিব নাই দিব নাই ভেবা লাগি ৰৈ থকা অনুভৱৰ মাদকতা সঁচাই সুকীয়া ৷ সেইবোৰ কথা ভাবিলে আজিও মন যায় পিতাই পদূলিৰ ধূলিৰে ভৰিখন মলিয়ন কৰিবলৈ ৷ আকৌ এবাৰ ল’ৰালিৰ কাল ঘূৰাই পাবলৈ৷ আহক আঘোণ প্ৰতিবাৰেই সিঁচি থৈ যাওক মিঠা মিঠা কিছু স্মৃতি সেয়েহে আঘোণ তোমাক স্বাগতম ৷
পৃষ্ঠা ৩৫
গল্পঃ
জোনে পোহৰোৱা তৰা
নিৰুপমা ডেকা
"ঐ...ই বাখৰ , এইফালে এপাক আহচোন ৷ তোক মজাৰ বস্তু এটা দেখুৱাম ৷ "
মিন্টুৰ মাত শুনিলেই বাখৰে ঘৰৰ পৰা লৰ মাৰি ওলাই আহে , তাতে আকৌ তাক সি কিবা এটা দেখুৱাবলৈ মাতিছে , সি আৰু ৰৈ থাকিব পাৰে নে ! মাকে সন্মুখত দিয়া পুৱাৰ জলপানখিনি সেইভাগেই এৰি সি মিন্টুৰ কাষ পালেহি ৷ পেটৰ ভোকৰ কথা সি পাহৰি গ’ল ৷ মিন্টুৱে তাৰ পিছে পিছে বাখৰক আহি থাকিবলৈ কৈ সি আগবাঢ়িল ৷ খোজত তাৰ বিশেষ ব্যস্ততা ৷ তাৰ হাও-ভাও দেখি বাখৰৰ উৎসুকতা বাঢ়ি গৈ থাকিল ৷ আজি দেওবৰীয়া বিশেষ পৰিকল্পনা কৰিছে নিশ্চয় মিণ্টুৱে ৷ সি মনতে তাকে ভাবি একপ্ৰকাৰ মন্ত্ৰমুগ্ধৰ দৰে তাৰ পিছে পিছে গৈ থাকিল ৷
বাখৰৰ আইতাকে তাক মিন্টুৰ পৰা আঁতৰি থাকিবলৈ কয় ৷ কাৰণ সি গাঁওখনত বহুত অঘটন ঘটাই থাকে ৷ কিন্তু তাৰ এনে কি যাদু আছে কোনেও বুজি নাপাই , কিয় বাখৰৰ দৰে ১১, ১২ বছৰীয়া ল’ৰাবোৰ তাৰ বাবে পাগল ৷ ঘৰৰ মানুহক ফাঁকি দি হ’লেও বাখৰহঁতে তাৰ লগ লাগে ৷ মিন্টুৰ পাছে পাছে গৈ বাখৰ গাঁৱৰ পানী যোগান আঁচনিৰ কেন্দ্ৰটো পালে ৷ তাতে মিন্টু ৰৈ গ’ল ৷ পুৱা আৰু সন্ধিয়াহে তাত পানী দিয়া কৰ্তব্যত থকা , গাঁৱৰেই বলেন তাত থাকে , তাৰ পিছৰ পৰা অলপ দূৰৈত থকা নিজৰ ঘৰতে বাকী সময়খিনি কামত লাগি থাকে ৷ পানী যোগান কেন্দ্ৰটো নিতাল মাৰি থাকে আন সময়খিনিত আৰু এই সুযোগতে পিতপিতাই ফুৰা ল’ৰাবোৰে তাত পিলপিলাই ফুৰে ৷ বতৰৰ ফলৰ জুতি লৈ কথাৰ মহলা মাৰে ৷ গাঁওখনৰ কাৰ ঘৰৰ বাৰীত কোনটো বতৰৰ ফল কি কি আছে সেইবোৰ তাৰ নখদৰ্পণত ৷ মিণ্টু হ’ল গাঁওখনৰ এনে নলগা জেং লগোৱাবোৰৰ নেতা ৷ তাৰ কথাত গোটেই বোৰেই উঠা-বহা কৰে ৷ বাখৰে মন কৰিলে তাত অকল সিয়েই নহয় , সিহঁতৰ লগৰ ভাল ল’ৰাৰ হিচাবত ধৰা আৰু কেবাজনো আছে ৷ সি তাৰ একে শ্ৰেণীত পঢ়া আটাইতকৈ ভাল বন্ধু ধীৰাজৰ কাষ চাপি আহি ক’লে --
“ তয়ো আহিছ ধীৰ ? মই আকৌ ময়ে অকলে বুলি ভয় খাই আছিলোঁ ৷ কথাটোনো কি , কিবা গম পাৱ নে ? ”
“ নাই অ’ , সি মাত্ৰ মোক আমাৰ ফালৰ ইহঁত কেইটাক লৈ ইয়ালৈ আহিবলৈ কৈ আহিল আৰু আমি আহিলোঁ ৷ এতিয়ালৈকে ইমানেই জানো আৰু ৷ ”
আটাইৰে উৎকণ্ঠা বাঢ়ি আহিল ৷ মনতে ভয়ো বাঢ়িল ৷ কিবা যদি ঘৰৰ মানুহে বেয়া পোৱা কাম হয় তেনেহ’লে কি হ’ব ! অৱশেষত সকলোৰে উৎকণ্ঠা শেষ কৰিবলৈ সিহঁতৰ নেতা মিণ্টুৱে মুখ খুলিলে ৷
“ চা ভাইহঁত , মোৰ বেয়া কামৰ বদনামৰ অন্ত নাই সকলোৱে জান ৷ কিন্তু মই পৰাপক্ষত কাৰোঁ অন্যায় হোৱা কাম আজিলৈকে কৰা নাই বা মোৰ বেয়া কামৰ ভাগীদাৰী হ’বলৈ কাকো লগত লোৱা নাই ৷ তহঁতৰ দৰে মই পঢ়াশুনা কৰিব নোৱাৰোঁ , মোৰ মনো নাযায় আৰু মোক খৰচ দিওঁতাও নাই ৷ কিন্তু মই আনৰ বেয়া হোৱা সহ্যও কৰিব নোৱাৰোঁ ৷ এতিয়া মূল কথালৈ আহোঁ ৷ তহঁতে ধনঞ্জয় ইঞ্জিনীয়াৰৰ ঘৰত নতুনকৈ অহা বনকৰা ছোৱালীজনী দেখিছ নে ? ”
বাখৰ , ধীৰাজ , নয়ন , অমিয়হঁতে ইটোৱে সিটোৰ মুখলৈ চালে ৷ কাৰণ সিহঁতে কাৰ ঘৰত কোন আহিছে এইবোৰ বৰকৈ খবৰ নাৰাখে ৷ অপ্ৰয়োজনীয় ৷ এনে অপ্ৰয়োজনীয় কথা পাতিবলৈ এইখিনি সময়ত সিহঁতক মাতি অনা কথাটো কাৰো ভাল নালাগিল যদিও মুখ ফুটাই কাৰোঁ ক’বলৈ সাহ নহ’ল ৷ সকলোৱে তাৰ পিছৰ কথাখিনি শুনিবলৈ ৰৈ থাকিল ৷ কাৰণ সি কিবা এটা দেখুৱাবলৈ সকলোকে মাতি আনিছে ৷ সকলোৰে মনত প্ৰশ্ন আছে বুলি বুজিয়েই মিণ্টুৱে লাহেকৈ সিহঁত থিয় হৈ থকা বেৰখনৰ পিছফালৰ পৰা প্ৰায় সিহঁতৰ বয়সৰ ছোৱালী এজনী লৈ আহিল হাতত ধৰি ৷ তাকে দেখি সিহঁতৰ প্ৰত্যেকেই দস্তুৰমত ভয় খাই দুখোজ পিছুৱাই গ’ল ৷ কথা কি ? কিয় সি এই অচিনাকি ছোৱালীজনী এনেকৈ ইয়ালৈ সিহঁতক দেখুৱাবলৈ লৈ আহিছে !
ছোৱালীজনীয়ে সিহঁতলৈ নোচোৱাকৈয়ে হাত যোৰ কৰি উচুপি আছে ৷ কথাবোৰ বুজি নাপাই অধৈৰ্য্য হৈ বাখৰে ক’লে--
“এইবোৰ কি মিণ্টু ? বুজাই ক’ কি কথা , কিয় এইক ইয়ালৈ আনিছ ? কোন হয় এইজনী ?”
তাৰ প্ৰশ্নত মিণ্টুৱে ক’বলৈ ল’লে --
“ মই যে এইমাত্ৰ কৈছিলোঁ ধনঞ্জয় ইঞ্জিনীয়াৰৰ ...
এয়ে তাই ৷ নাম তাইৰ দৃষ্টি ৷ ঘৰ সৰ্থেবাৰী , মানে সেই যে কাহ-পিতলৰ বাবে যে বিখ্যাত , সেইখন সৰ্থেবাৰীতেই এইৰ ঘৰ ৷ আমাৰ ধনঞ্জয় ইঞ্জিনীয়াৰে তাত চাকৰি কৰি আছে যে তাতেই ইহঁতৰ দেউতাকৰ লগত চিনাকি হৈ এইক মৰম দেখুৱাই পঢ়ুৱাম বুলি কৈ লৈ আহিছিল ৷ এতিয়া তাই ইয়ালৈ অহাৰ ছয়মাহ হৈ গ’ল এইক তেওঁলোকৰ ঘৰৰ মানুহে স্কুলত নাম লিখি নিদি , দিনৰ দিনটো কাম কৰাই থাকে ৷ সিহঁতৰ বাৰীত দুদিন আম পাৰিবলৈ যাওঁতে এইক কান্দি থকা দেখি মই সুধি সকলো জানি ল’লোঁ ৷ এতিয়া এই মোক খাটনি ধৰি আছে মই এইক ঘৰলৈ যোৱাৰ বাবে কিবা কৰি দিব লাগে ৷ এই পঢ়ি হেনো বৰ ভাল পায় ৷ স্কুল তাইৰ প্ৰিয় ঠাই ৷ অই দৃষ্টি তই নিজে কচোন ৷ মই তোক অকলে কি সহায় কৰিব পাৰিম ৷ ইহঁতে সহায় কৰিলে অৱশ্যেই পাৰিম ৷ ”
মিণ্টুৰ কথাবোৰ শুনি সকলো হতবাক হ’ল ৷ সিহঁত সৰু সৰু ল’ৰা , কি কৰিব পাৰিব সিহঁতে ! মনে মনে সিহঁতৰ ভয়ো লাগিল ৷ এনে নলগা জেঙত লাগিবলৈ যোৱা গম পালে ঘৰৰ মানুহে সুদাই নেৰিব সিহঁতক ৷ সিহঁতৰ ঘৰবোৰ মিণ্টুৰ নিচিনা দায়িত্বহীন মাক-বাপেক নাথাকে নহয় ৷ প্ৰতিটো মূহূৰ্ততে চকু দিয়া শেন চকু আছে সিহঁতৰ ওপৰত ৷ বাখৰ , ধীৰাজহঁতে নাই আমি নোৱাৰোঁ দেই তেনে একো সহায় কৰিব বুলি যাবলৈ ওলায় ৷ ক’ত সৰ্থেবাৰী আৰু ক’ত গোলাঘাট জিলাৰ সিহঁতৰ সৰু গাঁওখন ৷ ইমান দূৰ বাট যোৱাৰ ব্যৱস্থা সিহঁতৰ দ্বাৰা সম্ভৱ নহয় ৷ সিহঁতে উভতি খোজ লোৱা দেখি দৃষ্টিয়ে কাতৰ ভাবে হাতযোৰ কৰি ক’বলৈ ধৰিলে --
“ মোৰো তোমালোকৰ দৰে মা-দেউতাৰ মৰমৰ মাজত নিজৰ ঘৰত থাকিবলৈ মন যায় ৷ স্কুললৈ যাবলৈ মন যায় ৷ মোক সহায় কৰা না তোমালোকে ৷”
তাইৰ কান্দোন ভৰা মাতটোৱে সিহঁতৰ যাবলৈ ওলোৱা খোজ ৰখাই দিলে ৷ বাখৰৰ চকু পানী ওলাই আহিল ৷ তাৰ তাইক নিজৰ ভনীয়েক বৃন্দা যেন লাগি গ’ল ৷ সি ধীৰাজক হাতখনত ধৰি ক’লে --
“ আমি কিবা এটা কৰোঁ দে ৷”
“ কিন্তু কি ? ”
ধীৰাজে চেপা উত্তেজনাৰে ক’লে ৷
সকলোৱে এই প্ৰশ্ন লৈ মিণ্টুলৈ চালে ৷
মিণ্টুৱে দৃষ্টিলৈ চাই অভিভাৱকৰ দৰে গহীন হৈ ক’লে--
“ তোমাৰ দেউতাৰ ফোন নম্বৰটো দি তুমি ঘৰলৈ যোৱাগৈ ৷ আমি বাকী কামখিনি কৰিম ৷ তুমি থকা মানুহঘৰে এই কথা গম পালে আমি একো কৰিব নোৱাৰিম ৷ মুঠতে তোমাক তোমাৰ এই ভাই বন্ধু কেইজনে কথা দিলোঁ তুমি নিজৰ ঘৰ সোনকালে পাবাগৈ ৷ ”
সকলোৱে তাৰ কথাত হয়ভৰ দিলে ৷ কিন্তু কাৰো একো মনলৈ অহা নাই কি কৰি তাইক ঘৰলৈ পঠিয়াব ৷ কিন্তু সিহঁতে বুজিছে যে মিণ্টুৱে নিশ্চয় কিবা পৰিকল্পনা কৰি থৈছে ৷ আনে যি নকওক সিহঁতে মিণ্টুক ভৰষা কৰে ৷ আৰু মিণ্টুৱেও জানে সি বাচি বাচি মাতি অনা ল’ৰাকেইজনে তাক বিশ্বাস কৰে আৰু সহায় কৰিবলৈও সাজু হ’ব সিহঁতে ৷ মিণ্টুৱে দৃষ্টি যোৱালৈ এপলক চাই থাকি বৰ কৰুণ সুৰত ক’লে--
“আমাৰ সৰুমাইৰ কথা তহঁতৰ মনত আছে নে ? দুবছৰ আগতে যে গুৱাহাটীৰ কাম কৰা মানুহঘৰত তাই এদিনৰ জ্বৰত ঢুকাইছিল বুলি খবৰ পাই পিতাই তালৈ গৈছিল ...পিতাই ঘূৰি আহোঁতে জেপত মই বহুত টকা দেখিছিলোঁ ৷ মায়ে ৰাতি পিতাইক কোৱা শুনিছিলোঁ--
' ছোৱালীজনীক সিহঁতে সাধাৰণ ঢকাটো মাৰোতেই নমৰে ৷ কিমান বা জোৰত মাৰ খাই তাইৰ ভয় জ্বৰ উঠিছিল ! এই টকা কেইটাৰ ভাত মই খাব নোৱাৰোঁ ৷ আপুনি কোনোবা তাইৰ দৰে বিপদত পৰা মানুহক দি দিব ৷ তাইৰ আত্মাই শান্তি পাব ৷'
সেই টকাখিনি আমাৰ ঘৰৰ টিনৰ বাকচটোৰ তলত আজিও পৰি আছে ৷ তাইক যাবলৈ প্ৰয়োজন হোৱা টকাখিনি তাৰ পৰাই হৈ যাব ৷ ”
“ কিন্তু তাই সৰু ছোৱালীজনী অকলে ইমান দূৰ বাট কেনেকৈ যাব ? বা আমাৰ মাজৰ পৰা তই জানো থৈ আহিব পাৰিবি ৷ তই তাইক পলুৱাই নিয়া বুলি যদি কেচ দিয়ে পুলিচৰ তাত ৷ ”
“ ধেৎ তেনে বিপদত পৰা কাম আমি কোনেও নকৰোঁ ৷ তেনে কৰোঁ বুলি ভাবিলে মইতো অকলেই তাইক ঘৰলৈ লৈ গ’লো হেঁতেন ৷ তাইক ঘৰলৈ পঠোৱাৰ ব্যৱস্থাটোতহে মোক তহঁতৰ সহায় লাগে ৷ শুন , বাখৰ আৰু ধীৰাজ তহঁত দুয়োটা স্কুলৰ চাৰহঁতৰ বৰ বিশ্বাসী ৷ মই ক’লে কোনেও মোৰ কথাক বিশ্বাসত নল’ব ৷ তহঁত আটাইৰে স্কুলত ভাল নাম আছে ৷ সকলোকে নহয় , আমাৰ যে স্কুলৰ নতুনকৈ অহা বাইদেউ গৰাকী আছে তেখেতক সকলো বুজাই কবি ৷ ময়ো থাকিম ৷ তেখেতে মোকো মৰম কৰে জান ৷ মই ভাল পোৱা কামবোৰ কি সুধি তাকে কৰিবলৈ উৎসাহ দিয়ে ৷ সেয়ে ভাবিছোঁ তেখেতে বুজিব ৷ ”
“ তেখেতে বুজিলেই বাৰু , কিন্তু কি বুলি কৈ তাইক ইয়াৰ পৰা লৈ গৈ ঘৰত থ’বগৈ ৷ মই হ’লে একো বুজা নাই ৷ ” প্ৰীয়াকুৱে কৈ উঠিল চিন্তিত হৈ ৷
“ ধেৎ তহঁতে খেলটো বুজাই নাই ৷ মই যে দৃষ্টিৰ দেউতাকৰ ফোন নংটো লৈছোঁ , সেইটো বাইদেউক দিম তাইৰ দেউতাকৰ লগত কথাবোৰ পাতি বুজাই দিবলৈ ৷ দেউতাকৰ আহিবলৈ টকা যদি নাই তেন্তে বাইদেউৰ হতুৱাই বেংকত পইচা ভৰাই দিয়াৰ ব্যৱস্থা কৰি দিম ৷ দেউতাকে খবৰ ল’বলৈ অহাৰ চলেৰে তাইক স্কুলত নিদিয়াৰ বাহানা লৈ ঘৰলৈ লৈ যাব ৷ ”
“ বাহ্ তোৰ ইমান বুদ্ধি ক’ৰ পৰা ওলাই নো মিণ্টু ?"
বাখৰে হাঁহি মাৰি ক’লে ৷
সকলোৱে তাৰ পৰিকল্পনাত হয়ভৰ দি ঘৰাঘৰি গ’ল ৷ সিহঁতৰ পৰিকল্পনাৰ সহযোগী হ’ল নতুন বাইদেউ আল্পনা ৷ দেউতাকে আহি দৃষ্টিক লৈ যোৱাৰ দিনা সিহঁতে বাখৰহঁতৰ স্কুললৈ গৈ সকলোকে ধন্যবাদ দিলে ৷ প্ৰধান শিক্ষকে মিণ্টুৰ এনে সজ বিচাৰৰ বাবে সেই বছৰৰ শ্ৰেষ্ঠ ছাত্ৰৰ সন্মান তাক দিয়াৰ ঘোষণা কৰিলে ৷ সি দৃষ্টিক আজীৱন তাৰ হেৰাই যোৱা ভনীয়েক সৰুমাই বুলি ধৰি ল’ব বুলি কথা দি সিহঁতক বিদায় দিলে ৷ কথাবোৰ স্কুলৰ চাৰিবেৰ ফালি গাঁৱৰ চুকেকোণে সিঁচৰতি হৈ পৰিল ৷ সকলোতে মিণ্টু আৰু তাৰ লগৰীয়াহঁতৰ প্ৰশংসা হ’ল ৷ ইঞ্জিনীয়াৰৰ ঘৰৰ মানুহেও সমাজত নিজৰ দোষ মানি ক্ষমা খুজিলে ৷ মিণ্টুৰ এটা সৎ কৰ্মই তাৰ বেয়াবোৰ ধুই নিকা কৰি পেলালে আৰু আগলৈও সি সকলো বেয়া কাম এৰি সকলোৰে ভালৰ বাবে কাম কৰিবলৈ দৃঢ় হ’ল ৷ সেয়ে কোৱা হয় “ভালৰ ভাল সৰ্বতিকাল ” ৷
জীৱনৰ এটা মহৎ কামে জীৱনক চিৰস্মৰণীয় কৰি ৰাখিব পাৰে ৷ ভাল কাম কৰি পোৱা সোৱাদে জীৱনক ভাল কাম কৰাৰ বাবে সদায় অনুপ্ৰাণিত কৰে ৷
পৃষ্ঠাঃ ৩৬
শুভ্র ডাৱৰৰ মাৰফৎ
শর্মীষ্ঠা বর্মন
'বতৰটো ডাৱৰীয়া কৰিছে। এজাক দবাপিটা বৰষুণ হোৱা হেঁতেন নৰীয়া পৃথিৱীখনৰ বীজাণুবোৰ ধুই নিলে হেঁতেন ! পিছে বৰষুণ হোৱাৰ আশা ক্ষীণ ! আকাশত কেইচপৰামান কলীয়া ডাৱৰে টিঘিলঘিলাই ঘূৰি ফুৰিছে যদিও লাহে লাহে সেয়াচোন অসীম আকাশৰ কেনিবা লুকাবলৈহে প্রয়াস কৰি আছে ...'
আকাশলৈ চাই চাই বিদিশাই মনে মনে বিৰবিৰালে । বিগত আঢ়ৈ বছৰৰ পৰা প্রত্যেক চৌবিশ ঘণ্টাৰ যিকোনো এটা সময়ত মুকলি আকাশৰ লগত ভাৱৰ আদান-প্রদান কৰাটো বিদিশাৰ এক অভ্যাসত পৰিণত হৈছে ৷ পিছে আজি কিছুদিন ধৰি 'লকডাউন'ৰ অজুহাতত চাকৰিৰ পৰা আহৰি পাই মুকলি আকাশৰ সৈতে মুকলি মনেৰে কথা পতাৰ ভাল সুযোগ পাইছে ৷ আজিও তাই আকাশলৈ চাই চাই তাত চলাচল কৰি থকা কলীয়া ডাৱৰৰ চপৰাকেইটাত দৃষ্টি নিক্ষেপ কৰি নিমগ্ন হৈ পৰিছে ৷ প্রত্যেকটো চপৰাত তাই মৃগেনৰ মুখাৱয়ব কল্পনা কৰিবলৈ প্রয়াস কৰি আছে ৷ কাৰণ সেইদিনাও বতৰটো ঠিক এনেকুৱাই আছিল যিদিনা মৃগেনে ঘৈণীয়েক বিদিশা আৰু দুইগৰাকী জীয়েক তনু আৰু মনুৰ পৰা শেষ বিদায় লৈছিল ৷
সেয়া আঢ়ৈ বছৰ আগৰ কথা , কিন্তু বিদিশাৰ বাবে যেন সৌ সিদিনাৰহে কথা ! সেই ক্ষণটি তাইৰ মনত এতিয়াও সতেজ হৈ আছে ৷ মৃগেনে নজনাকৈয়ে তাৰ ডিঙিত কর্কটৰোগে বাস কৰিছিল ৷ ৰোগৰ সম্ভেদ পোৱালৈকে কিছু পলম হৈ গৈছিল ৷ সেয়েহে চিকিৎসাও পলমকৈয়ে আৰম্ভ হৈছিল ৷ অৱশ্যে মৃগেন সুস্থ হৈ উঠিছিল ৷ বিদিশাৰ মতে মৃগেনৰ মনোবল বৰ শক্তিশালী আছিল ৷ সেই মনৰ বলতেই হ'বলা শেষৰ সম্পূর্ণ এটা বছৰ নিৰোগীৰ দৰে দিন নিয়াইছিল ৷ আৰু এদিন হঠাতে তেনেকৈয়ে সিহঁতৰ পৰা চিৰবিদায় লৈছিল ৷ বিদিশা শোকত এনেদৰে ভাঙি পৰিছিল যে তাই কান্দিবলৈকো শক্তি গোটাব পৰা নাছিল ৷ তাই জানিছিল যে তাইৰ মনোবল মৃগেনৰ দৰে নহয় ৷ সেয়েহে মৃগেনৰ ওপৰত তাইৰ খং উঠিছিল ; দুজনী জীয়েকৰ লগত এই প্রকাণ্ড পাহাৰসম জীৱন কটাবলৈ সিহঁতক এনেদৰে এৰি যাব লাগেনে ? ভাৱত বিভোৰ হৈ থকা মাকক তনুৱে কেতিয়াবা কেতিয়াবা বুজনি দিয়ে ,
" দেউতাই আমাক এৰি থৈ গুচি গ'ল , সেই ক্ষণ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ ৷ এতিয়াও চকুত ভাহি আছে ! কিন্তু এটা কথাত শান্তি লাভ কৰিছোঁ যে অন্ততঃ তেখেতৰ শেষ ক্ষণত আমি তেখেতৰ কাষত আছিলোঁ ৷ এটুপি পানী যাচিব পাৰিছিলোঁ ৷ কিন্তু সেইদিনা আজিৰ এই পৰিস্থিতি হোৱা হেঁতেন , আমি দেউতাৰ কাষ চাপিবই নোৱাৰিলো হেঁতেন ! "
" সঁচা কথা কৈছা মাজনী , কোভিডে সমগ্র পৃথিৱীতে মহাত্রাসৰ সৃষ্টি কৰিছে ৷ এই অতিমাৰীৰ প্রকোপত মানুহে ইজনে-সিজনৰ কাষ চাপিব নোৱাৰা হৈছে , সামাজিক ব্যৱধান বজাই ৰাখিবলগীয়া হৈছে ৷ এনেহেন কি বীজাণু যে , সংক্রমিতজনৰ স্পর্শমাত্রেই নিৰোগীজনো আক্রান্ত হৈ পৰে ৷ দেউতাৰ কর্কটৰোগত আক্রান্ত হোৱা সত্বেও আমাৰ লগতে আছিল , তেওঁক আমি শেষ সময়ত পাইছোঁ , শেষ সময়ত পানীটুপিও আগবঢ়াব পাৰিছোঁ ! কিন্তু কৰ'ণাৰে সংক্রমিত হোৱা মানুহ নির্বাসনত থাকিব লগীয়া হয় , কাকো চুব নোৱাৰে ! চিকিৎসালয়ত ভর্তি কৰালে পৰিজন কাষ চাপিব নোৱাৰে ! আৰু যদিহে কেনেবাকৈ সেই সংক্রমিত ব্যক্তিজনৰ মৃত্যু ঘটে তেন্তে আত্মীয়-পৰিজনে সেই নির্জীৱ দেহাটিক সন্মুখত ৰাখি শ্রদ্ধার্ঘ অর্পণ কৰি অন্তিম বিদায় দিবও নোৱাৰে ! আঃ ! কি যে নির্মম এই মহামাৰীৰ বীজাণু ..."
মাক বিদিশা আৰু বায়েক তনুৰ কথাবোৰ দহ বছৰীয়া মনুৱে মনে মনে শুনি থাকে ৷ কেতিয়াবা তাই কথাবোৰ বুজি পায় , কেতিয়াবা নাপায় ৷ সেইকাৰণেই তাই মাজে মাজে কৈ উঠে ,
" অ মা' , লগৰ ল'ৰা-ছোৱালীবোৰৰ লগত মোৰ খেলিবলৈ মন গৈছে ৷ কিমান দিন এনেদৰে ঘৰত সোমাই থাকিমনো ? মাস্ক পিন্ধি খেলিবলৈ যাওঁনে মা ? "
" নাই নাই নালাগে মাজনী , এতিয়া 'লকডাউন' চলি আছে নহয় ; এতিয়া খেলিবলৈ যাব নোৱাৰা ! কিছুদিন অলপ ধৈর্য ধৰি থাকাচোন মা , যেতিয়া এই কৰ'ণা বা কোভিড নামৰ বীজাণুটো এই পৃথিৱীৰ পৰা গুচি যাব তেতিয়া তোমালোকে মুকলিমনেৰে খেলিব পাৰিবা ৷ চৰকাৰে আমাৰ সুৰক্ষাৰ বাবেহে 'লকডাউন' ঘোষণা কৰিছে ! এই সময়ত যদি আমি ঘৰৰ বাহিৰলৈ ওলাই যাওঁ তেন্তে নিজেও সংক্রমিত হ'ম আৰু আনকো সংক্রমিত কৰিম ৷"
মাকৰ কথাবোৰ শুনি মনুৱে সেমেনা-সেমেনি কৰিলে যদিও ঘৰৰ বাহিৰলৈ ওলাই গৈ খেলিবৰ ইচ্ছা দুনাই প্রকাশ নকৰিলে ৷
" তেন্তে তোমাৰ ফোনটো দিয়া , মই গেম খেলিম !"
কণমানি মনুৰ কথা শুনি বিদিশাই ক'লে ,
" ঠিক আছে , এইটো লোৱা ৷ কিন্তু মাত্র পোন্ধৰ মিনিট খেলিবা ৷ তাৰ পাছত ফোনটো মোক উভতাই দি দিবা ৷"
মাকৰ হাতৰপৰা ফোনটো হাতত লৈ মনু গেম খেলাত ব্যস্ত হৈ পৰিল ৷ বিদিশাই নিজৰ ফোনটো মনুক দিলে যদিও মনে মনে ভাবিলে যে এইদৰে ফোনত গেম খেলিবলৈ পালে তাইৰ অভ্যাস বেয়া হৈ যাব ৷ তনু ডাঙৰ হৈছে , তাইৰ বয়স এতিয়া পোন্ধৰ বছৰ ৷ সেয়েহে কিছু পৰিমাণে হ'লেও তাই ভাল-বেয়া বুজি পোৱা হৈছে ৷ কিন্তু মনু এতিয়াও বহু সৰু ৷ তাইৰ ওপৰত বিশেষ নজৰ দিব লাগিব ৷ তদুপৰি 'লকডাউন'ৰ আগত বিদিশাই ছোৱালী দুজনীক ভালদৰে সময়ো দিব পৰা নাছিল ৷ সেয়েহে 'ল'কডাউন'ৰ সময়চোৱা সোণোৱালী কৰি তুলিবলৈ বিদিশাই ধূলি ধূসৰিত হৈ থকা কেৰম বোর্ড আৰু তাৰ গুটিবোৰ বিচাৰি উলিয়ালে ৷ কেৰমৰ গুটিবোৰ বিচাৰি থাকোঁতে লুডো খেলৰ সৰঞ্জাম থকা পেকেটটোও পালে ৷ পুনৰ বিদিশাৰ মৃগনলৈ মনত পৰি গ'ল ৷ আজৰি সময়ত দুয়ো লুডো আৰু কেৰম খেলিছিল ৷ তনুৰ জন্ম হোৱাৰ পাছতো সিহঁতে বহুদিনলৈকে খেলিছিল ৷ মনু জন্ম হোৱাৰ আগে আগে সেয়া লাহে লাহে কমি আহি অৱশেষত বন্ধ হৈ পৰিছিল ৷ বিদিশাই ধূলিৰে পোত খাই থকা কেৰম বোর্ডখন ফটাকানি এখনেৰে মোহাৰি ল'লে আৰু তনু আৰু মনুক লৈ খেলিবলৈ আৰম্ভ কৰিলে ৷
তনু আৰু মনু দুয়ো মাকৰ সৈতে কেৰম আৰু লুডো খেলত মছগুল হৈ পৰিল ৷ দেউতাকৰ মৃত্যুৰ পাছত সিহঁত প্রায় অকলশৰীয়া হৈ পৰিছিল ৷ চহৰত সিহঁতৰ আপোন বুলিবলৈ কোনো অঙহী-বঙহী নাই ৷ গাওঁৰ ঘৰলৈকো উভতি নগ'ল ৷ কাৰণ দেউতাকৰ চাকৰিৰ ঠাইত মাকে চাকৰি পাইছিল ৷ ছোৱালী দুজনীৰ ভৰণ-পোষণ আৰু শিক্ষা-দীক্ষাত অভাৱ অনুভৱ নকৰক বুলিয়ে মৃগেনৰ কার্যালয় কর্তৃপক্ষই দিয়া চাকৰি বিদিশাই প্রত্যাখ্যান নকৰি চহৰতে থাকি গ'ল ৷
'লকডাউন'ৰ প্রতিটো মুহূর্ত বিদিশা , তনু আৰু মনুৱে মৃগেনৰ উপস্থিতিৰ অভাৱ অনুভৱ কৰিছে যদিও এই সময়চোৱা তিনিওজনে পৰস্পৰে পৰস্পৰক নিবিড় ভাৱে পাই আছে ৷ সেয়েহে নথকাজনৰ অভাৱত দুখ কৰি নাথাকি তেখেতক মৰমেৰে স্মৰণ কৰি , থকাকেইজনেৰে আনন্দতে সময়খিনি উপভোগ কৰিছে ৷ পিছে 'ল'কডাউন' যেতিয়া আংশিকভাৱে খুলিবলৈ ধৰিলে বিদিশাৰো চাকৰিলৈ যাবলগীয়া হ'ল ৷ কাৰণ আন বহুতৰ দৰে সিহঁতৰ কাম ঘৰৰ পৰা কৰা নাযায় ৷ সংক্রমিত হোৱাৰ ভয়ে তাইক বৰ চিন্তাত পেলালে যদিও ভয়ে ভয়ে ছেগা-চোৰোকাকৈ অফিচলৈ যাবলৈ ধৰিলে ৷
কিছুদিনৰ পাছতেই অঘটনটো ঘটি গ'ল ৷ বিদিশা কোভিদ পজিটিভ হ'ল ৷ তনু আৰু মনুৰ সংক্রমণ নহওঁক বুলিয়ে তাই পোনেই হস্পিটেলত ভর্তি হ'লগৈ ৷ সিহঁতক চিন্তা নকৰিবলৈ কৈ থৈ গ'ল ৷ ওচৰ চুবুৰীয়াই তনু আৰু মনুৰ বাবে খোৱা-বোৱাৰ যোগাৰ দিলে ৷ মৃগেনৰ অফিচৰ পুৰণি বন্ধুৰ পৰিয়ালেও সিহঁতক যথাসম্ভৱ সহায় - সহযোগিতা আগবঢ়ালে ৷ তথাপিও বিদিশাৰ মন চিন্তাৰে আৱৰি ধৰিলে , অচিন শঙ্কাই বুকুখনিত হানিবলৈ ধৰিলে ! তাই থকা হস্পিটেলৰ বিচনাখনৰ কাষত থকা খিৰিকীখনেৰে আকাশলৈ থৰ লাগি চাই থাকে ৷ যিখন আকাশলৈ চাই চাই তাই কথা পাতিছিল , যিখন আকাশৰ কলীয়া ডাৱৰত তাই মৃগেনৰ মুখাৱয়ৱ কল্পনা কৰিছিল , এতিয়া সেই আকাশখনলৈ তাইৰ ভয় হৈছে ৷ কাৰণ তাইৰ যদি কিবা হ'বলৈ পায় তেন্তে তনু আৰু মনুৰ কি হ'ব ! কথাবোৰ ভাবি তাইৰ বুকুখন ধৰফৰাই উঠে ! তথাপিও তাই আকাশলৈ চাই কথা পাতিবলৈ সাহস গোটায় ৷
হস্পিটেলত ভর্তি হোৱাৰ পঞ্চম দিনাৰ পৰা বিদিশাৰ দেহাৰ অৱনতি ঘটিবলৈ ধৰিল ৷ ষষ্ঠ দিনাৰ পুৱা বিদিশাই চিৰদিনৰ বাবে চকু মুদিলে ৷ মৃত্যুৰ সময়ত তাইৰ মুখখনি খিৰিকীৰ দিশে আছিল ৷ আকাশখন তেতিয়া শুভ্র ডাৱৰেৰে বিয়পি আছিল ৷ হয়তো তাই আকাশৰ সৈতে কথা পাতিছিল ,
....হে আকাশ , মোৰ যদি মৃত্যু হয় তেন্তে মোৰ ছোৱালী দুজনীক তোমাৰ বিশাল নয়নেৰে প্রতিপাল কৰিবা ৷ হে আকাশৰ শুভ্র ডাৱৰ , তুমি ইয়াৰ সাক্ষী হৈ ৰ'বা ৷ তোমাৰ মাৰফতত মোৰ হৃদয়ৰ বাঞ্ছা আকাশলৈ প্রেৰণ কৰিলোঁ ..."
বিদিশাৰ মৃত্যুৰ বাতৰি শুনা মাত্রকেই তাইৰ ভায়েকে আহি তনু আৰু মনুক লগত লৈ গ'ল ৷ দুদিনমানৰ পাছত বাতৰিত শুনা গ'ল যে চৰকাৰে সিহঁতৰ দৰে ল'ৰা-ছোৱালীৰ বিশেষ দায়িত্ব লোৱা বুলি ঘোষণা কৰিছে ৷ হয়তো বিদিশাই শুভ্র ডাৱৰৰ মাৰফতত প্রকাশ কৰা বাঞ্ছা আকাশে গ্রহণ কৰিলে ৷
( সমাপ্ত )
ঠিকনাঃ
Sector 12 , Pkt 7
Dwarka , New Delhi 75
Phone no 8588806792
পৃষ্ঠাঃ ৩৭
মতানৈক্য
চন্দনা হীৰা
অৰুণাভে কেতিয়াও ভবা নাছিল যে তাৰ জীৱনতো এনেকুৱা এটা ঘটনা ঘটিব পাৰে বুলি। আমেৰিকাৰ নিচিনা ইউনিভাৰ্চিটি এখনৰ গণিত বিষয়ৰ প্ৰফেছৰ হৈ নিজকে সঁচাকৈ সি ধন্য মানিছিল। গুৱাহাটী ইউনিভাৰ্ছিটিৰ পৰা গোল্ড মেডেলিষ্ট হৈ সুখ্যাতিৰে সুনাম অৰ্জন কৰা অৰুণাভ দুৱৰাই গণিত বিষয়ৰ ৰিচাৰ্জ কৰিবলৈ আমেৰিকা লৈ ঢাপলি মেলিছিল। কলেজ শিক্ষকৰ ল'ৰা অৰুণাভে সৰুৰে পৰা বিদেশত পঢ়িবলৈ যোৱা আশা মনত পুহি ৰাখিছিল। সেয়ে সময়ত বাস্তৱত ৰূপ দিবলৈ পায় অতি সুখ অনুভৱ কৰিছিল। পুতেকৰ সফলতা দেখি মাক-বাপেকৰ লগতে আত্মীয় সকলেও গৌৰৱবোধ কৰিছিল আৰু এদিন নিজ অধ্যাৱসায়ৰ ফলত ডক্টৰেট ডিগ্ৰী লৈ আমেৰিকা ইউনিভাৰ্ছিটিত গণিত বিষয়ৰ প্ৰফেছৰ হ'বলৈ সক্ষম হৈছিল।
এইদৰে কেইবছৰ মান থকাৰ পিছত সি আমেৰিকাৰ সংস্কৃতিৰ লগত বান্ধ খাই পৰিছিল যদিও অসমীয়া বা ভাৰতীয় সংস্কৃতিক কেতিয়াও পাহৰি যোৱা নাছিল। মানুহে সময়ৰ আহ্বানক কেতিয়াও আওকাণ কৰিব নোৱাৰে। অৰুণাভৰো সেয়ে হ'ল। তাৰ 'কলিগ' ক্লিওপেট্ৰা ওৱাছিংটনৰ লগত প্ৰথমতে প্ৰেম আৰু তাৰ পিছত বিবাহ পাশত আৱদ্ধ হ'ল। দুবছৰ পিছত সিহঁতৰ মাজলৈ অতি মৰমৰ পুত্ৰ অক্লিও আহিল। প্ৰথম তিনিবছৰ ভালদৰেই সিহঁতৰ সংসাৰখন চলিছিল। কিন্তু লাহে লাহে সিহঁতৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিলে। ক্লিওপেট্ৰাই নিজৰ ভাৱত অটল আছিল, সেয়ে পুতেক অক্লিওক তাৰে নীতি আদৰ্শৰে শিক্ষা দিব বিচাৰিছিল। আনহাতে অৰুণাভে এজন খাটি অসমীয়া তথা ভাৰতীয় হৈ সেই আদৰ্শৰ পৃষ্ঠপোষকতা কৰিছিল। সিহঁতৰ মাজত হোৱা এই মতানৈক্য তথা কাজিয়া পেচালে অতি গুৰুত্বৰ ৰূপ লৈছিল আৰু শেষত এদিন ক্লিওপেট্ৰাই তাক বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ আগবঢ়াবলৈও কুণ্ঠাবোধ কৰা নাছিল। এই কথা শুনি অৰুনাভ মৰ্মাহত হৈছিল। শিক্ষকৰ আদৰ্শৰে আদৰ্শিত অৰুণাভে তাৰ সহধৰ্মিনীৰ পৰা কেতিয়াও এনেকুৱা প্ৰস্তাৱ আশা কৰা নাছিল। নিজৰ সুখতকৈ সন্মানক গুৰুত্ব দিয়া অৰুণাভে সহধৰ্মিনীৰ কথাবোৰ সহজ ভাৱে ল'ব পৰা নাছিল। কি কৰো কি নকৰোকৈ ভাবি সি চকুৰে ধুঁৱলি-কুঁৱলী দেখিলে।
বাৰে বাৰে এটা কথাই তাৰ মনলৈ আহিল- সি বাৰু কোনোবা খিনিত ভুল কৰিলে নেকি ?
কথাবোৰ ভাবি ভাবি সি এটা দীঘল হুমুনিয়াহ কাঢ়িলে।
পৃষ্ঠা ৩৮
মানৱ শৰীৰ আৰু যোগ সম্পৰ্কীয়ঃ
যোগাসন অভ্যাস আৰম্ভ কৰাৰ আগতে
চিন্ময়ী দাস
কামৰূপ, অসম-৭৮১১৩২
যোগাযোগৰ বাবে ৮৪৭৪৮২৫৩১১
সকলো মানুহৰ বাবেই যোগ এক সহজ স্বাস্থ্য ৰক্ষাৰ বিধি । যোগৰ বিষয়ে পঢ়ি-শুনি নি:সন্দেহে ইয়াৰ প্ৰতি আটায়েৰে কৌতূহল বাঢ়ে। যিকোনো বয়সৰ মানুহে যোগ অভ্যাস কৰিব পাৰে। সুস্বাস্থ্যৰ বাবে যোগ অভ্যাস উত্তম উপায়। কিন্তু সেইবাবেই কোনো আগ-পিছ নুগুণি যোগৰ ভাল বেয়া সকলো দিশৰ বিষয়ে জানি নোলোৱাকৈ হঠাতে যোগ অভ্যাস আৰম্ভ কৰি দিব নালাগে। যোগ আৰম্ভ কৰাৰ আগতে কেইটামান অতি প্ৰয়োজনীয় কথা জানি লোৱা অত্যন্ত প্ৰয়োজনীয়।
শিশু, বৃদ্ধ ব্যক্তি, মধ্যবয়সীয়া ব্যক্তি, কঁকাল বা আঁঠুৰ বিষ থকা ব্যক্তি, চকুৰ সমস্যা থকা ব্যক্তি, উচ্চ ৰক্তচাপ বা হৃদৰোগী, গৰ্ভৱতী মহিলা আদি লোকসকলে কৰিব নলগীয়া ভালেমান আসন আছে। এইবিলাক কথা যোগাসন আৰম্ভ কৰাৰ আগতে ভালদৰে জানি লোৱা উচিত। এইখিনি কথা জানি লৈ নিজ শৰীৰ অনুসৰি যোগাসন আৰম্ভ কৰিলে যোগ অভ্যাসৰ দ্বাৰা নিশ্চয় উপকৃত হোৱা দেখা যায় । ইয়াৰ লগতে তলত কেইটিমান যোগ সম্পৰ্কীয় জানিবলগীয়া কথা উল্লেখ কৰা হ’ল-
১) ৰাতিপুৱা বা সন্ধিয়া যিকোনো সময়তে যোগাসন কৰিব পাৰে। যোগাসন কৰিবৰ বাবে এই দূয়োটা সময়েই ভাল। হাতত পৰ্য্যাপ্ত সময় থাকিলে, দিনটোৰ পুৱা আৰু সন্ধিয়া দুয়োটা সময়তে যোগাসনৰ অভ্যাস কৰিব পৰা যায় ।
২) ৰাতিপুৱা পৰাপক্ষত স্নান, শৌচ আদি নিত্যকৰ্ম কৰি উঠি যোগাসন কৰা ভাল। কিন্তু শীতকালত বৃদ্ধ, সৰু ল’ৰা-ছোৱালী আৰু জ্বৰ, পানী লগা, কাহ আদিত ভুগি থকা লোকে পুৱা স্নান কৰাৰ আগতেই যোগাসন কৰিব পাৰে।
৩) যদি ৰাতিপুৱা বা গধূলি কোনো এটা সময়তে যোগাসন কৰিবলৈ সময় নহয়, তেনেহ’লে দিনটোৰ যিকোনো এটা সময় যোগাসনসমূহৰ অভ্যাস কৰিব পাৰে। কিন্তু প্ৰতিদিনে এই সময় একেটাই হোৱাটো প্ৰয়োজনীয়।
৪) পুৱা যোগাসনবিলাক খালী পেটেৰে কৰিব লাগে। যোগাসন অভ্যাস কৰাৰ কেইমিনিটমান আগতে দুই-তিনি গিলাচ কুহুমীয়া গৰম পানী খাই ল'ব লাগে । পানী খালে শৰীৰতন্ত্ৰৰ কাম-কাজ স্বাভাৱিক হয়।
৫) আহাৰ গ্ৰহণৰ পিছৰ আৰু আগৰ তিনি ঘন্টা যোগাসন কৰিব নালাগে।
৬) নেতি, ধৌতি আদিৰ দৰে যৌগিক ক্ৰিয়াৰ যোগেদি শৰীৰ শোধন কৰিলে এই ক্ৰিয়াসমূহ সম্পূৰ্ণৰূপে খালী পেটত ৰাতিপুৱাই কৰিব লাগে। আহাৰ গ্ৰহণ কৰি এই ক্ৰিয়াসমূহৰ অভ্যাস একেবাৰে কৰিব নালাগে।
৭) যোগ আসন অভ্যাস কৰাৰ পিছত বহুত বেছি ভোক লাগিলে ২০ /৩০ মিনিট মান পিছত ফল-মূল, ফলৰ ৰস আৰু চালাড আদি সহজপ্ৰাচ্য খাদ্য খাব পাৰে। অৱশ্যে সম্পূৰ্ণ পেট ভৰাই আহাৰ খাব নালাগে। ভোক লাগিলেও আহাৰ সামান্য কমকৈ খাব পাৰে।
৮) যোগাসন কৰি উঠিয়েই পানী খাব নালাগে । পৰাপক্ষত সামান্য গৰম পানী এগিলাচ খাব পাৰিলে ভাল।
৯) যোগাসন গ্ৰীষ্মকালতকৈ শীতকালত বেছি সময় কৰা উচিত। সাধাৰণভাৱে যোগাসন ১০/১৫ মিনিটৰ পৰা এঘন্টা পৰ্যন্ত কৰিব পাৰি। সময় সীমা শৰীৰ আৰু শাৰিৰীক শক্তি সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে ।
১০) সাধাৰণতে যিসকল লোকৰ কঁকালৰ বিষ, উচ্চ ৰক্তচাপ, হৃদৰোগ, হাৰ্ণিয়া আছে তেওঁলোকে সন্মুখলৈ হাউলি কৰিবলগীয়া আসনবোৰ কৰিব নালাগে। বেছিকৈ কপাল ভাতি বা ভ্ৰাষ্ট্ৰিকাৰ দৰে প্ৰাণায়ামো এনেবোৰ ৰোগৰ বাবে উচিত নহয়। সেয়েহে যোগাসন আৰম্ভ কৰাৰ আগতে অভিজ্ঞ যোগ অভ্যাস কৰ্তাৰ পৰামৰ্শ লোৱা উচিত।
১১) একেদৰেই গৰ্ভৱতী মহিলাসকলৰ কাৰণে যোগাসন অতি উপকাৰী। কিন্তু গৰ্ভাৱস্থাত যোগাসন কৰিবলৈ লোৱাৰ আগতে অভিজ্ঞ যোগ প্ৰশিক্ষকৰ পৰামৰ্শ ল'ব লাগে। বহুবোৰ যোগাসন এই সময়চোৱাত কৰিব নালাগে। গৰ্ভাৱস্থাত সহজ আসনবিলাকহে কৰা উচিত। লগতে প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাসে গৰ্ভস্থ শিশুৰ মানসিক আৰু শাৰিৰীক বিকাশ স্বাভাৱিক কৰাত সহায় কৰে।
১২) যোগাসন আৰম্ভ কৰাৰ আগতে পাতল যৌগিক ব্যায়ামৰ অভ্যাস কৰিব লাগে। ইয়াৰ পিছতহে যোগাসনৰ অভ্যাস কৰিব লাগে। যোগাসনৰ পিছত প্ৰাণায়ামৰ অভ্যাস কৰিব লাগে আৰু তাৰপিছত ধ্যান কৰিব লাগে।
১৩) সাধাৰণতে যোগৰ আসনবিলাক পূৱৰ ফালে মুখ কৰি কৰিলে ভাল। মজিয়াত দলিচা, কম্বল, যোগ মেট আদি পাৰি লৈ যোগ আসন অভ্যাস কৰিব লাগে । ওখ-চাপৰ, এঢলীয়া মজিয়া বা বেছি কোমল আসনত বহি যোগাসন কৰিব নালাগে।
১৪) যোগাসনবিলাক সদায় নিয়মীয়াকৈ কৰিব লাগে। এৰি এৰি কৰা যোগাসনৰ দ্বাৰা কোনো সুফল পাব নোৱাৰি। কোনো ধৰণৰ ৰোগৰ বাবে মুক্তি পাবৰ কাৰণে কৰা আসন অতি কমেও ৪৫ দিন নিয়মীয়াকৈ অনুশীলন কৰাৰ প্ৰয়োজন।
১৫) যোগাসন অভ্যাস কৰাৰ সময়ত মনটো সম্পূৰ্ণৰূপে যোগাত্মক চিন্তাৰে ভৰাই ৰাখিব লাগে। যোগাত্মক চিন্তাৰে মনটো পূৰ্ণ কৰি ৰাখিলেহে যোগাসনৰ প্ৰকৃত লাভ উপলব্ধি কৰিব পাৰি।
১৬) যোগাসনৰ কোনো এটা আসনেই জোৰকৈ কৰিব নালাগে। যিমানখিনিলৈকে জোৰ প্ৰয়োগ নকৰাকৈ সহজভাৱে কৰিব পাৰে সিমানখিনিলৈকে আসনবোৰ অভ্যাস কৰিব। প্ৰতিদিনে অভ্যাস কৰিলে নিখুতভাৱে আসনবোৰ কৰিব পৰা যাব।
১৭) আসনসমূহৰ লগত শ্বাস-প্ৰশ্বাসৰ সম্পৰ্ক ৰাখি অনুশীলন কৰিব লাগে। যোগ অনুশীলনৰ সময়ত শৰীৰ, মন আৰু শ্বাস তিনিওতাৰে সমাবেশ ঘটিব লাগে।
১৮) নিজৰ শাৰিৰীক ক্ষমতা অতিক্ৰম কৰি কোনো ধৰণৰ যোগাসনৰ অভ্যাস কৰাৰ চেষ্টা কৰিব নালাগে।
১৯) শান্ত নিৰ্মল পৰিৱেশতহে যোগাসন কৰিব লাগে। এনে ধৰণৰ ঠাই নাথাকিলে বতাহ চলাচল কৰিব পৰা ঠাই বা মুকলি কোঠাত বহি আসন কৰিব পাৰে। বন্ধ কোঠাৰ ভিতৰত যোগাসন কৰাৰ পৰা বিৰত থাকিব লাগে।
২০) যোগ আসন কৰোতে ঢিলা আৰু আহল-বহল পোছাক পিন্ধিব পাৰে যাতে শৰীৰৰ অংগবিলাক সহজতে ঘূৰাব বা ভাঁজ কৰিব পৰা যায়। পৰাপক্ষত কঁপাহী কাপোৰ ব্যৱহাৰ কৰিব পাৰিলে ভাল। শীতকালত পাতল চুৱেটাৰ ধৰণৰ কাপোৰ পিন্ধি আসন কৰিব পাৰে।
২১) যোগাসন যিকোনো বয়সৰ মানুহে আৰম্ভ কৰিব পাৰে। প্ৰথমে ১০ মিনিট যোগ আসন কৰাৰ অভ্যাস কৰি লাহে লাহে ইয়াৰ সময় বঢ়াই যাব পাৰে। নিয়মীয়াকৈ কৰা যোগ অভ্যাস মাজতে দুই এদিন কৰিব নোৱাৰিলেও বিশেষ কোনো সমস্যা নহয়। আসন-প্ৰাণায়াম কৰি কিছু সময় শান্তিৰে জিৰণিলৈ দৈনন্দিন কাম দুগুণ উৎসাহেৰে আৰম্ভ কৰিব।
পৃষ্ঠা ৩৯
ছবি ঘৰঃ
চুটি ছবি 'অনুকূল' ৰ এক চমু পৰ্যালোচনা:
মিণ্টু কুমাৰ
পৰিচালক: সূজয় ঘোষ।
মুক্তিৰ তাৰিখ: অক্টোবৰ ৪, ২০১৭। ইউটিউব।
বোলছবি চাই ভাল পোৱা দৰ্শকে ভাল বিষয় বস্তু সম্বলিত ছবি চোৱাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে। বহু সময়ত আঞ্চলিক ভাষাৰ ছবিয়েও দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হয়। ইউটিউব এনে এক মাধ্যম যাৰ দ্বাৰা ভাল কাহিনী, বিষয় বস্তু অন্তৰ্ভুক্ত থকা ছিৰিজ, চিনেমা, চুটি ছবি দৰ্শকে উপভোগ কৰিব পাৰে। আজি এনে এখন চুটি ছবিৰ বিষয়ে এক চমু আলোচনা কৰাৰ উদ্দেশ্যে এই লেখাটি আগবঢ়োৱা হৈছে।
চুটি ছবি খনৰ নাম হৈছে অনুকূল। চুটি ছবিখন পৰিচালনা কৰিছে জনপ্ৰিয় পৰিচালক সুজয় ঘোষে। প্ৰায় ২১ মিনিটৰ এই চুটি ছবি খনৰ মূল কাহিনীটো প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা সাহিত্যক সত্যজিত ৰায়ৰ একে নামৰ বাংলা ভাষাৰ গল্প 'অনুকূল' ৰ পৰা লোৱা হৈছে।
ছবিখনৰ কাহিনীটি চমুকৈ এনে ধৰণৰ: কলিকতাৰ নিবাসী এজন হিন্দী ভাষাৰ অধ্যাপকে নিজৰ লগতে ঘৰ খনৰ চোৱা চিতা কৰাৰ বাবে এটি সংস্থাৰ পৰা এটি ৰবট ভাড়াত লৈ আনে। ৰবটটি দেখিবলৈ সাইলাখ মানুহৰ দৰে; মানুহৰ দৰে কথা বাৰ্তাৰ আদান প্ৰদান কৰে। ৰবটটিৰ নাম হৈছে অনুকূল। ৰবট যদিও অধ্যাপক গৰাকীয়ে অনুকূলক ভাল ব্যবহাৰ কৰিছিল, নিজৰ ল'ৰাৰ দৰে গণ্য কৰিছিল। সেই অধ্যাপক গৰাকীৰ এজন ভায়েকও আছে যিয়ে অনুকূলক অৰ্থাৎ ৰবট এজনক ঘৰত ৰখাৰ বাবে ককায়েকক ভাল পোৱা নাছিল আৰু এবাৰ অনুকূলক তেওঁ চৰ মাৰি আঘাতো কৰিছিল। তাৰ পাছত কাহিনীটো কি ধৰণে আগবাঢ়ি সমাপ্ত হ'ল সেইয়া এই ছবিখন চোৱাৰ পাছত দৰ্শকে জানিবলৈ সক্ষম হ'ব।
২১ মিনিটৰ এই চুটি ছবি খনত পৰিচালক গৰাকীয়ে বিভিন্ন উল্লেখনীয় দিশ সন্নিবিষ্ট কৰিবলৈ চেষ্টা কৰিছে যেন অনুভৱ হ'ল। এজন মানুহ আৰু মানৱ সৃষ্ট ৰবটৰ কথোপকথনৰ জৰিয়তে মানৱীয় কিছু প্ৰমূল্যবোধৰ উপস্থাপন কৰিছে পৰিচালক গৰাকীয়ে। মহাভাৰতৰ যুদ্ধত অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজত হোৱা কথোপকথনৰ অৱতাৰণা কৰি সাম্প্ৰতিক কালৰ মানৱীয় সম্পৰ্ক তথা মানৱীয় কৰ্তব্যৰ গুৰুত্বৰ বিষয়ে পৰিচালকে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। ভাগৱত গীতাৰ প্ৰসংগ উত্থাপন কৰি মানৱ জীৱনৰ কিছু কিছু দিশ সংক্ষিপ্ত ৰূপত উল্লেখ কৰিছে পৰিচালকে। সত্যজিত ৰায়ৰ একে নামৰ গল্প অনুকূলৰ মূল কাহিনীৰ সৈতে ভালেখিনি সামঞ্জস্য ৰাখি সাম্প্ৰতিক সময়ৰ পটভূমিত চুটি ছবি খনৰ চিত্ৰনাট্য প্ৰস্তুত কৰা হৈছে। ১৯৭৬ চনতে সত্যজিত ৰায়ে এই কল্প-বিজ্ঞান ভিত্তিক গল্পটি ৰচনা কৰিছিল। এজন পাঠক হিচাপে মূল বাংলা ভাষাৰ গল্পটি মই পঢ়িছোঁ আৰু সঁচা অৰ্থত গল্পটি এটি উৎকৃষ্ট মানদণ্ড সম্পন্ন গল্প। সত্যজিত ৰায় দেৱৰ দূৰদৃষ্টি তথা সৃষ্টিশীলতাৰ প্ৰশংসা নকৰি নোৱাৰি। এতিয়া যদি ছবি খনৰ বিষয়ে ক'ব লগীয়া হয় তেন্তে এজন দৰ্শক হিচাপে মই ভাবোঁ; পৰিচালক সূজয় ঘোষে ৰায় দেৱৰ এই গল্পটি অতি সুন্দৰ তথা বাস্তৱধৰ্মী ৰূপত চুটি ছবি হিচাপে নিৰ্মাণ কৰিছে আৰু এই ক্ষেত্ৰত তেওঁ সফল হৈছে বুলি অনুভৱ হয়।
ছবিখনত অভিনয় কৰা সকলোৰে অভিনয় শলাগিবলগীয়া। সৌৰভ শুক্লা দেৱৰ অভিনয় যথেষ্ট শক্তিশালী। থিক সেইদৰে তেওঁৰ ভায়েকৰ চৰিত্ৰত অভিনয় কৰা খৰাজ মুখাৰ্জীৰো এজন হতাশাগ্ৰস্ত তথা খঙাল ব্যক্তিৰ চৰিত্ৰত অভিনয় ভাল হৈছে। এতিয়া আহোঁ, অনুকূলৰ চৰিত্ৰত অভিনয় কৰা পৰমব্ৰত চট্টোপাধ্যায়ৰ বিষয়ে। তেখেতৰ অভিনয়ে সঁচাকৈয়ে অনুকূলৰ চৰিত্ৰটিক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি ভাবোঁ। কোনোধৰণৰ অতিৰঞ্জিত কম্পিউটাৰ গ্ৰাফিক্সৰ সহায় নোলোৱাকৈ এটি মানৱ সৃষ্ট ৰবটৰ অভিব্যক্তি অতি মনোগ্ৰাহীকৈ পৰমব্ৰত চট্টোপাধ্যায় নামৰ অভিনেতা জনে ফুটাই তুলিছে। কাৰিকৰী দিশৰ ওপৰত অধিক তথ্য আৰু জ্ঞান নাই যদিও সীমিত জ্ঞানৰ দ্বাৰা উল্লেখ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিম যে ছবিখনৰ কাৰিকৰী দিশটি ভাল হৈছে। কেমেৰাৰ কাম, আৱহ সংগীত ভাল হৈছে। ছবিখনৰ দৃশ্যগ্ৰহণ যথেষ্ট বাস্তৱধৰ্মী হৈছে বুলি অনুভৱ হয়।
ছবিখন ইউটিউবত বিনামূলীয়াকৈ উপলব্ধ আছে। কল্প-বিজ্ঞান আৰু বাস্তৱিকতাৰ সংমিশ্ৰিত এক নতুনত্বৰ সোৱাদ এই ছবিখনত দৰ্শকে লাভ কৰিবলৈ সক্ষম হ'ব বুলি ভাবোঁ।
পৃষ্ঠা ৪০
গ্ৰন্থৰ সম্পৰ্কীয়ঃ
জগত বৰাৰ " ভাল ছাত্ৰ কেনেকৈ হব পাৰি"
অভিজিত মজুমদাৰ
আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ শৈক্ষিক দিশৰ উন্নতিৰ বাবে আপুনি বহু টকা পইচা খৰচ কৰে, খেল ধেমালিৰ বাবে নানা সামগ্ৰী যোগান ধৰে, যদি পাৰে জগত বৰাৰ " ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি " কিতাপখন সিহঁতৰ হাতত তুলি দিয়কচোন।
মোৰ দৃষ্টিত ,এই কিতাপখনৰ বিষয়ে ক'ব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ বাবে আমি সকলো খিনি কৰোঁ, কিন্তু এনেকুৱা কিতাপ সিহঁতক পঢ়িবলৈ দিয়াটোও আমাৰ দায়িত্ব। ভাল ছাত্ৰ হোৱাৰ বাবে আমি বহু খিনি দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। বিদ্যালয়লৈ পঠোৱাৰ উপৰিও আমি আন আন ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব লাগিব।
ছাত্ৰ ছাত্ৰী সকলক ভাল শিক্ষা প্ৰদান কৰিবলৈ পৰিয়ালৰ দায়িত্ব বহুখিনি থাকে। পৰিয়ালৰ পৰা আৰম্ভ হয় প্ৰথম শিক্ষা। ভাল ছাত্ৰ হ'বলৈ আদৰ্শ শিক্ষকৰ বহু প্ৰয়োজন। এজন আদৰ্শ শিক্ষকৰ গুণাৱলী ছাত্ৰৰ মাজেৰেই প্ৰতিফলিত হয়। শিক্ষকৰ আচাৰ ব্যৱহাৰ, আদৰ্শ, চৰিত্ৰ, ব্যক্তিত্ব সকলো খিনিৰ নিৰ্ভৰ কৰে।
"ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি" গ্ৰন্থখনত জগত বৰা ডাঙৰীয়াই ভালদৰে বুজাই দিছে যে ছাত্ৰ বা ছাত্ৰী গৰাকীৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে আমি কি কি কৰিব লাগে। কিতাপ এখনৰ সকলো খিনি বস্তু মনত ৰাখিবলৈ আমি বিভিন্ন ধৰণে পঢ়িব লাগিব। কেৱল মুখস্থ কৰিলেই নহ'ব। কেতিয়াবা নম্বৰ কম পোৱাৰ বাবে বহু ছাত্ৰ ছাত্ৰী হতাশ হোৱা দেখা যায়। কিন্তু হতাশ কেতিয়াও হ'ব নালাগে। হতাশ নহ'বলৈ কি কৰিব লাগে সেই বিষয়ে সকলো খিনি কথা জগত বৰা দেৱে সুন্দৰকৈ লিখিছে কিতাপ খনত।
জগত বৰা ডাঙৰীয়াৰ কথা , তেখেতক মই ভালদৰে চিনি পাওঁ। চাৰ বুলি মাতি আহিছোঁ। মই থকা ভাৰাঘৰটোৰ ওচৰতে তেখেতৰ পৰিয়াল থাকে। কিন্তু আচৰিত কথাটো হ'ল তেখেতৰ নামটো জগত বৰা বুলি জানো যদিও তেখেতেই এগৰাকী সু-লেখক , বুদ্ধিজীৱী, প্ৰবন্ধকাৰ বুলি জনা নাছিলো অথচ মই জগত বৰা দেৱৰ বহুখিনি প্ৰবন্ধ পঢ়িছোঁ। ফেচবুকৰ সহযোগত এদিন হঠাৎ তেখেতক দেখি গম পালোঁ যে মই তেখেতৰ সৈতে বহু খিনি সময় পাৰ কৰিছোঁ। মনটো উৎফুল্লিত হৈ উঠিল মোৰ।
জগত বৰা দেৱৰ লেখাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তেখেতৰ দ্বাৰা লিখিত " ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি" গ্ৰন্থখনৰ পৰা ছাত্ৰ ছাত্ৰী সকলৰ বহুখিনি উপকাৰ হ'ব বুলি মই ভাবো ।
পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ ছাত্ৰ ছাত্ৰী সকলে যিখিনি কষ্ট কৰে, সিমানখিনি কষ্ট অভিভাৱক সকলেও কৰে।সফল বিফল হোৱাটো সময়ে ক'ব। অভিভাৱকৰ কৰণীয় বহুখিনি আছে । কেৱল শিক্ষক সকলৰে সকলো খিনি নহয়। ভাল ছাত্ৰ হ'বৰ বাবে ভাল এটি পৰিৱেশৰ দৰকাৰ, যিটো পৰিৱেশ আমি সকলোৱে দিব লাগিব।
পঢ়া শুনাৰ প্ৰতি ছাত্ৰ ছাত্ৰী সকলক মনোযোগ বা আগ্ৰহ বৃদ্ধি কৰিবলৈ সহজ পদ্ধতি সমূহ এই গ্ৰন্থখনত আলোচনা কৰা হৈছে।
জগত বৰা দেৱৰ "ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি" গ্ৰন্থখনে ছাত্ৰ ছাত্ৰী, শিক্ষক তথা অভিভাৱকক বহুখিনি সহায় কৰিব বুলি আশা কৰিব পাৰি।
ষ্টুডেণ্টছ ষ্টোৰচৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখন ২০১৩ চনৰ জানুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। ৬০ টকাৰ মূল্যৰ এই কিতাপখন এতিয়ালৈকে পঞ্চমটি সংস্কৰণ সম্পূৰ্ণ কৰিছে।
৭২ পৃষ্ঠাৰ এই কিতাপখনত ২৫ ৰো অধিক প্ৰশ্নৰ উত্তৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী বা অভিভাৱকৰ বাবে প্ৰস্তুত কৰিছে। এতিয়ালৈকে প্ৰায় বহুখিনি ছাত্ৰ ছাত্ৰী, অভিভাৱকে এই গ্ৰন্থখনৰ পৰা পোৱা সুফল খিনি বিভিন্ন মাধ্যমৰ যোগেদি নিজৰ মন্তব্য প্ৰকাশ কৰিছে। অংক, ইংৰাজী শিকাৰ সহজ উপায় ,ভাষাৰ দক্ষতা অৰ্জন কৰাৰ উপায়, সময়ৰ সদব্যৱহাৰ, সঠিক বন্ধু বান্ধৱী নিৰ্বাচন, সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ উপায়, চকুৰ যত্ন, দাঁতৰ যত্ন ইত্যাদি সকলো কথা সামৰি প্ৰস্তুত কৰা হৈছে জগত বৰাৰ " ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি" ।
বেলশৰ, নলবাৰী
৯৭০৭৬১৮৪৫৯
পৃষ্ঠা ৪১
শেষ পৃষ্ঠাৰ লেখাঃ
কোন দিশে গতি কৰিছো আমি
বিচাৰ বিবেচনা তথা চিন্তা শক্তিৰে জীৱ শ্ৰেষ্ঠৰ খিতাপ অৰ্জন কৰিছে মানুহে। উচ্চিত-অনুচিত, ভুল-শুদ্ধ, দোষী-নিৰ্দোষী, যোগ্য-অযোগ্য ইত্যাদি বিচাৰ কৰি এটা উপযুক্ত পথেৰে গন্তব্য স্থানত উপনিত হোৱাৰ যোগ্যতা আছে বাবেই মানুহ জীৱ শ্ৰেষ্ঠ। প্ৰতিনিয়ত কৌতুহলি মন এটা লৈ মানুহে সময়ৰ গতিত যি পৰিবৰ্তন সাধন কৰিছে সি সঁচাকৈ মানুহৰ বাবে গৌৰৱময়। গছৰ চাল পৰিধান কৰাৰ পৰা বস্ত্ৰ ব্যৱহাৰলৈ, কেঁচা মাংস ভক্ষণ কৰাৰ পৰা তৃপ্তিযুক্ত আহাৰলৈ, নিৰক্ষ এটা বৰ্বৰ জীৱনৰ পৰা সৌৰজগতত বিচৰণ কৰালৈ মানুহে আমোল পৰিবৰ্তন সাধন কৰিছে কেৱল চিন্তাৰ দ্বাৰা। কিন্তু ইমান উন্নতি কৰিও আমি প্ৰকৃত মানৱ হ'ব পাৰিছোনে আজি ? হেৰাই গৈছো নেকি আমি ? হেৰাই গৈছে নেকি আমাৰ চিন্তা শক্তি ? অভি-নীল, অনিমেষ ভূঞাৰ অমানৱীয়, বৰ্বৰ হত্যা কাণ্ড, কেঁচুৱাৰ পৰা বৃদ্ধালৈ নাৰী জাতিৰ ওপৰত চলোৱা ধৰ্ষণৰ দৰে বিবেকহীন কৰ্মই কি সূচায়?
কোন দিশে গতি কৰিছোঁ আমি ? মানুহে মানুহৰ সকলো গুণ বিষৰ্জন দি অমানুহ হৈ পৰিছো কিয় ? উন্নতিৰ জখলা বগাবলৈ গৈ পাহৰি পেলাইছোঁ আমি আমাৰ দায়িত্ব আৰু কৰ্তব্য। প্ৰতিটো ক্ষণত এটা বিলাসী জীৱনৰ কল্পনাত নিৰ্বাসন দিছোঁ আমি আমাৰ বিবেকক। স্বজাতিয়ে স্বজাতিৰ ভক্ষক হৈ আমি পৰিচয় দিছোঁ বৰ্বৰতাৰ। কিমান নিষ্ঠুৰ আৰু নৃশংস হ'লে মৰিয়াই মৰিয়াই হত্যা কৰিব পৰি এজন মানুহক ? কিমান নিৰ্দয় হ'লে নাৰীৰ গুপ্তাঙ্গত ভৰাই দিব পাৰি ৰদ্ ? স্তনত জ্বলন্ত চেগাৰেট লগাই উৎযাপন কৰিব পাৰি আদিম উৎসৱ ?
সলনি হ'বৰ হ'ল। শিক্ষাৰ প্ৰদীপ জ্বলাই সংশোধন কৰিবৰ হ'ল আমি আমাক। সংশোধন কৰিবৰ হ'ল নিৰব দৰ্শকৰ স্বভাৱ। সংশোধন কৰিবৰ হ'ল ভিডিঅ' কৰি YouTube ত মিলিয়ন ভিউৱাৰ সংগ্ৰহ কৰাৰ প্ৰবৃত্তি। আহক চোন আমি মানুহৰ দৰে জীয়াই থাকোঁ। এজনে আনজনৰ হাতত ধৰি থিয় হওঁ আৰ্তজনৰ কাষত। আমি সকলোৱে জানো মৃত্যুত হিট্লাৰৰ দৰেই যাবগৈ লাগিব কফিনৰ পৰা খালী দুহাত ওলিয়াই। তেন্তে কিয় ইমান হাবিয়াস ? আহক সন্তুষ্টিৰে তুষ্ট হৈ মানৱতাৰ জয়গান গায় মানুহৰ দৰে জীৱন নিৰ্বাহ কৰোঁ।
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
পৃষ্ঠা ৪২
0 Comments