অঙ্গন (১৯ নং সংখ্যা)

পৃষ্ঠা ১



পৃষ্ঠাঃ ২

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।

আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
13 মাৰ্চ, 2021

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ ৫
সাম্প্ৰতিক

২/ প্ৰৱন্ধ : ৬
  ক। দীপৰ বিল
  খ। আমাৰ শৈশৱ

৩। বিশেষ গল্প : ৮
  লকডাউন

৪। ধাৰাবাহিক উপন্যাস : ৯
  ক। ধুমুহাই ভঙা সপোন
  খ। অভিশ্ৰুতি
  গ। এই বাটেদি ৰাধা যমুনালৈ যায়

৫। অনুগল্প : ১২
  মোট

৬। বিশেষ লেখা : ১৩
  লঠঙা পাহাৰৰ সেউজী উৎসৱ

৭। অনুবাদ কবিতা : ১৪
  আদিম ভূ-দৃশ্য

৮। কবিতা : ১৫
ক। জোন বেলিৰ আদৰ্শৰ
খ। শিক্ষা
গ। অনুভৱৰ বুৰবুৰণি
ঘ। কালৰাত্ৰি
ঙ। প্ৰতিশ্ৰুতি
চ। ফাগুন এক অনন্য অনুভৱ
ছ। প্ৰেম
জ। ব্ৰহ্মপুত্ৰৰ কিছু অনুভৱ
ঝ। মা
ঞ। ফাগুন
ট। কথাবোৰ আওপুৰণি হ'ল
ঠ। জীৱনৰ ৰং

৯। ভ্ৰমণ কাহিনী : ২৭
ডেলহাউচী

১০। গল্প : ২৮
ক। মুক্তি
খ। আঁউসীৰ জোনাক

১১। এক মিনিটৰ গল্প : ৩০
জীৱন

১২। অনুভৱ : ৩১
ভাল লগা এটা পৃষ্ঠা

১৩। শিশু বিশেষ : ৩২
কিতাপ আৰু শিশু

১৪। চুটি গল্প : ৩৩
হেঁপাহৰ ৰং


পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ দৰ্শনা কলিতা, গোলাঘাট।

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শিখামণি গগৈ, শৰ্মীষ্ঠা বৰ্মন, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।


পৃষ্ঠা ৫
সম্পাদকীয়ঃ

সাম্প্ৰতিক

    এই সময় দেশৰ বাবে জটিল সময়। অলপতে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে বিশ্বত বিগত দুটা সপ্তাহত কভিড ১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়িছে। গতিকে বিশ্ববাসীলৈ স্বাস্থ্য সংস্থাই অনুৰোধ জনাইছে যাতে সকলোৱে কভিড প্ৰটকল মানি চলে। প্ৰটকল মানে মুখত মাক্স পৰিধান কৰা, সামাজিক ব্যাৱধান মানি চলা, সঘনাই হাত দুখন চাবোনেৰে ধুই থকা, চেনিটাইজাৰ ব্যৱহাৰ কৰা ইত্যাদি। আনহাতে অসমৰ দুই এক মন্ত্ৰীকে আদি কৰি বিভাগীয় কৰ্তৃপক্ষই জনাইছে যে অসমত কভিড ১৯ নিয়ন্ত্ৰণত আছে। সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পাইছো যে অসমত বিয়াগোম নেতা পালিনেতাইও সামাজিক ব্যৱধান মানি চলাটো দূৰৈৰে কথা তেওঁলোকে মুখত মাক্সখনো ব্যৱহাৰ কৰা নাই। এয়া কিমান যুক্তিসংগত হৈছে সেয়া সচেতন মহলে বিবেচনা কৰিব। আমি সাধাৰণ নাগৰিক হিচাপে এটাই আশা কৰোঁ, যাতে কোনো কাৰণতে বিগত বৰ্ষৰ দৰে দেশত এটি জটিল পৰিৱেশৰ সূচনা নহয়, কোনো কাৰণতে যাতে লকডাউনৰ দৰে বন্ধ পৰিৱেশৰ পুনৰ সূচনা নহয়।

ইতিমধ্যে ৰাজ্যখনত বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা হৈছে। নিৰ্বাচন আয়োগে জনোৱা মতে চলিত মাহৰ ২৭ তাৰিখ আৰু এপ্ৰিল মাহৰ ১, ৬ তাৰিখে অসমত তিনিটা স্তৰত ভোট গ্ৰহণ অনুষ্ঠিত হব। নিৰ্বাচন কেন্দ্ৰীক প্ৰচাৰৰ বাবে ইতিমধ্যে ৰাজ্যৰ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দলসমূহে বিভিন্ন স্থানত সভা সমিতিৰ আয়োজন কৰিছে, য’ত হাজাৰ হাজাৰ জনসাধাৰণে অংশগ্ৰহণ কৰিছে। কিন্তু এই ক্ষেত্ৰত এটাই চিন্তাৰ বিষয় যে ইমান বৃহত সংখ্যক জনসাধাৰণে অংশ লোৱা নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানবোৰত কভিড প্ৰটকল মানি চলা হৈছেনে? কাকতে পত্ৰই প্ৰকাশিত বাতৰি মতে এনে অধিকাংশ অনুষ্ঠানতে জনসাধাৰণৰ বাবে নুন্যতম চেনিটাইজাৰৰ ব্যৱস্থাও উপলব্ধ নহয়। মাক্স পৰিধান, সামাজিক দূৰত্বৰ বিষয়টো দূৰৈৰে কথা। তেনেহলে আমি কোন দিশে গতি কৰিছোঁ? বিগত বৰ্ষত ক’ৰনা মহামাৰীয়ে যি সংহাৰী ৰূপ ধাৰণ কৰিলে, লাখ লাখ মানুহ যিদৰে ৰাতিটোৰ ভিতৰতে মৃত্যুৰ শীতল কোলাত শুই পৰিল, তাৰ পাছতো আমি এই বিষয়টো অৱহেলা কৰাৰ যুক্তি ক’ত?

কভিড ১৯ ৰ ভেকচিন ইতিমধ্যে বিভিন্ন স্বাস্থ্য কেন্দ্ৰত উপলব্ধ হৈছে। তাৰ অৰ্থ এয়া নহয় যে আমি সম্পূৰ্ণকৈ বিপদমুক্ত হৈছোঁ। কিয়নো, দেশৰ প্ৰতিজন নাগৰিকে এই ভেকচিন লোৱা পৰ্ব শেষ কৰালৈ এতিয়াও বহু বাকী। গতিকে, আহকচোন আমি সচেতন হওঁ। অন্ততঃ নিজৰ বাবে নহ’লেও আপোনজনৰ জীৱন ৰক্ষাৰ হেতু মাক্স পৰিধান কৰোঁ, সামাজিক দূৰত্ব মানি চলো আৰু যথাসম্ভৱ শীঘ্ৰে কভিড ১৯ ৰ ভেকচিন লৈ সচেতন নাগৰিকৰ পৰিচয় দিওঁ।


হেমেন নাথ
সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 9678696861

পৃষ্ঠা ৬
প্ৰৱন্ধঃ

দীপৰ বিল

প্ৰণৱ ফুকন
নতুন দিল্লী, ফোন নংঃ ৮৮২৬৮০৩০৩০

ষষ্ঠ শ্ৰেণীত দ্ৰুত পাঠ্য হিচাপে আমাক দিয়া হৈছিল  স্বৰ্গীয় বেণুধৰ শৰ্মাদেৱৰ “ৰাংপটা” পুথিখন ৷ বিভিন্ন সাধু আৰু কাহিনীৰে ভৰা এই পুথিখনৰ এটা সাধু মোৰ মনত চিৰদিনৰ বাবে থাকি গ’ল - “দৈৱাসান তল যোৱা” ৷ থুলমূলকৈ সাধুটো উনুকিয়ালোঁ ৷

এসময়ত দৈৱাসাহোন বা দৈৱাসান নামেৰে এখন গাঁও আছিল ৷ ইয়াত বাস কৰা লোকসকল শিৱভক্ত ব্ৰাহ্মণ আছিল ৷ এদিন এজন ব্ৰাহ্মণে নিজৰ গৰ্ভাৱতী বোৱাৰীয়েকক ক'লে শালিগ্ৰাম ধুৱাবৰ বাবে এঘটি গাখীৰ আনিবলৈ ৷ কৰ্তব্যপৰায়ণা বোৱাৰীগৰাকী লগেলগে পিতলৰ ঘটিলৈ গাখীৰ আনিবলৈ গ’ল ৷ ঘূৰি আহোঁতে বাটতে সৰুপানী চুব লগা হোৱাত তেওঁ ঘটিটো কাষত থৈ প্ৰকৃতিৰ আহ্বানক সহাৰি দিলে; পাছে দৈৱ-দুৰ্বিপাকত সৰুপানীৰ ছিটিকণি এটা গাখীৰৰ ঘটিত পৰিল ৷ বোৱাৰীগৰাকীয়ে কথাটো গম পালে যদিও বিশেষ একো নাভাৱি গাখীৰ আনি শহুৰেকৰ হাতত দিলে ৷ শহুৰেকে সেই গাখীৰ শালিগ্ৰামত ঢলাৰ লগেলগে ফটফটকৈ ফুটি তাৰ পৰা সোণ- ৰূপ ওলাবলৈ ধৰিলে ৷ হতবাক পৰিয়ালক বোৱাৰীগৰাকীয়ে সঁচা কথা কৈ দিলে ৷ ক্ষন্তেকতে কথাষাৰ গোটেই গাৱঁতে ৰাষ্ট্ৰ হৈ পৰিল ৷ সকলোৱে গাখীৰত সৰুপানীৰ ছিটিকণি পেলাই শালিগ্ৰাম ধুৱালে আৰু ধন-সোণেৰে চহকী হৈ পৰিল ৷

এজন ব্ৰহ্মণ কিন্তু এই প্ৰলোভনৰ বলি নহ’ল ৷ তেওঁৰ এজনীয়েই ছোৱালী আছিল; তাই এদিন পিতাকক সুধিলে আনৰ দৰে তেওঁনো কিয় ধন-সোণ অৰ্জন কৰা নাই ? পিতাকে জীয়েকক বুজালে যে এইয়া পাপৰ ধন; তেওঁলোক দুজন আছে বাবেই গাওঁখন বৰ্তি আছে ৷ জীয়েকৰ মনত পাপভাৱ আহিব পাৰে বুলি সন্দেহ কৰি দুয়ো তৎক্ষণাত গাওঁ এৰাৰ সিদ্ধান্ত ল’লে ৷ বাপেক-জীয়েক গাঁৱৰ সীমাৰ বাহিৰ হোৱাৰ লগেলগে গাওঁখন তললৈ বহি যাবলৈ ধৰিলে ৷ ভয়তে বাকী ব্ৰাহ্মণসকলে দুয়োকে ঘূৰি আহিবলৈ দূৰৰ পৰাই কাবৌ-কোকালি কৰিলে যদিও তেওঁলোকে গাঁৱৰ ফালে ঘূৰিও নাচালে ৷ দৈৱাসান গাঁওখন এইদৰে তল গৈ দীপৰ বিলৰ সৃষ্টি হ’ল ৷ ব্ৰাহ্মণসকল তাতে বামুণী ভেকোলা হৈ পৰিল; শৰীৰৰ লগুণৰ চিন হিচাপে ভেকোলাৰ পিঠিত এডাল বগা ৰেখা দেখা গ’ল ৷ "দৈৱাসান তল যোৱা” অসমীয়া ভাষাৰ এটা জটুৱা ঠাঁচ হৈ পৰিল - ইয়াৰ অৰ্থ হ’ল সকলো শেষ হোৱা বা কৰা কাম অথলে যোৱা ৷ 

দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ ৷ ৰামচাৰ মানেনো কি ঠোৰতে কৈ লওঁ ৷ ইৰাণৰ ৰামচাৰ চহৰত ১৯৭১ চনত পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰতিনিধি গোট খাই এখন অধিৱেশন পাতে; উদ্দেশ্য মহত্বপূৰ্ণ জলাশয়সমূহৰ ৰক্ষণাবেক্ষনৰ ব্যৱস্থা হাতত লোৱা ৷ এই অধিৱেশনত উৎথাপিত প্ৰস্তাব আৰু মতামতৰ পৰিপেক্ষিতত নিয়মাৱলী প্ৰস্তুত কৰি সকলো দেশলৈ পঠোৱা হয় ৷ সকলোৱে স্বীকৃতিৰ মোহৰ মৰাৰ পাছত ১৯৭৫ চনৰ পৰা এই নিয়মাৱলী আন্তৰ্জাতিক নিয়ম হৈ পৰে ৷ প্ৰতি তিনি বছৰে এই অধিৱেশন আয়োজন কৰা হয় য’ত নিয়মাৱলীৰ প্ৰয়োজনীয় সংশোধন আৰু বিভিন্ন দেশৰ জলাশয়ক মানৱ জাতি আৰু পশু-পক্ষীৰ বাবে অতীব প্ৰয়োজনীয় বুলি স্বীকৃতি দিয়াৰ বাবে প্ৰেৰিত প্ৰস্তাৱ উপযুক্ততাৰ ভিত্তিত গৃহীত হয় ৷ সেইমতে ২০০২ চনৰ ১৯ আগষ্টত পূৰ্বোত্তৰ ভাৰতৰ তিনিখন জলাশয়ে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে - মণিপুৰৰ লোকটাক হ্ৰদ, ত্ৰিপুৰাৰ ৰুদ্ৰসাগৰ হ্ৰদ আৰু অসমৰ দীপৰ বিল ৷ ইয়াৰ পৰাই এই বিলৰ প্ৰয়োজনীয়তাৰ কথা বুজিব পাৰি ৷

আমি সকলোৱে বিল শব্দটো জানোঁ যদিও বিল প্ৰকৃততে কাক কয় জানোনে? বিল হ’ল হ্ৰদৰ দৰে এক জলাশয় ৷ নদী, জান, জুৰি, খালৰ পানী বোৱতী পানী; কিন্ত বিল আৰু হ্ৰদৰ পানী বৈ নাযায় ৷ ভাৰতৰ গঙ্গা - ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বাংলাদেশত বিল দেখা যায় ৷ বিল শব্দৰ উৎপত্তি ভিল শব্দৰ পৰা, যাৰ অৰ্থ হ’ল পুখুৰী বা হ্ৰদ ৷ দ ঠাইত নদীৰ বানৰ পানী ৰৈ অথবা বৰষুণৰ পানীৰে এনে দ ঠাই ভৰি গৈ বিলৰ সৃষ্টি কৰে ৷ বানৰ পানী শুকুৱাৰ পাছতো বিলত পানী বন্ধ হৈ ৰৈ যায় ৷ আনহাতে হ্ৰদত ভূমিগত পানীৰ উৎস থাকে যি এই জলাশয়ৰ সৃষ্টি কৰে ৷ গতিকে ভূ- বিজ্ঞানৰ দৃষ্টিৰে বিল আৰু হ্ৰদৰ মাজত পাৰ্থক্য আছে ৷ তথাপি অনেকে বিল আৰু হ্ৰদক সমগোত্ৰীয় বুলি জ্ঞান কৰে ৷ 

গুৱাহাটী চহৰৰ দক্ষিণ-পশ্চিমত অৱস্থিত এই দীপৰ বিল ৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণে ই নিৰ্মল পানীৰ নিগাজী বিল বা হ্ৰদ ৷ সংস্কৃতত দ্বীপা শব্দৰ অৰ্থ হাতী ৷ বনৰীয়া হাতীৰ জাকে ইয়ালৈ পানী খাবলৈ আৰু গা ধুবলৈ অহাৰ বাবেই এই বিলৰ নাম দীপৰ বিল হ’ল বুলি কোৱা হয় ৷ বোধহয় ব্ৰহ্মপুত্ৰৰ এক এৰা সুঁতিত এই বিলৰ জন্ম ৷ বশিষ্ঠ আৰু কালমণি নামে দুখন সৰু নদীয়ে এই বিলক পানীৰ যোগান ধৰে ৷ তদুপৰি বাৰিষা বতৰৰ বৰষুণৰ বোৱতী পানীও এই বিলত জমা হয় ৷ মূল বিলৰ পৰা ৫ কি. মি. দূৰৰ খনাজান জুৰিৰে এই বিল ব্ৰহ্মপুত্ৰৰ লগত মিলিত হৈছে ৷ গুৱাহাটীৰ কাষত বাৰিষা পানী গোট খোৱা এক প্ৰাকৃতিক জলাশয় হিচাপেও এই বিলৰ স্বকীয়তা আছে ৷

দীপৰ বিল এসময়ত আহোম ৰাজ্যৰ আৰু এটা সময়ত মোগলৰ যুদ্ধৰ নাওঁৰ ঘাটি হৈছিল বুলিও জনা যায়; আন এসময়ত আকৌ খাচী চিয়েমৰ কবলতো আছিল ৷ মধ্য যুগ আছিল আহোম- মোগলৰ সংঘৰ্ষৰ সময় ৷ গুৱাহাটী চহৰৰ দক্ষিণ-পূবে ১৩ কি মি দূৰত্বত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰী-খানাপাৰা বাইপাচৰ কাষত অৱস্থিত এই বিল ৷ ই হ’ল বিলখনৰ উত্তৰ-পশ্চিম সীমা; ৰাণী আৰু গড়ভঙা বনাঞ্চলৰ দক্ষিণৰ আন এটা পথে বিলৰ উত্তৰ সীমা চুইছে; পূব আৰু উত্তৰ পূবত আছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা উত্তৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ গুৱাহাটী বিমান বন্দৰৰ পৰা এই বিলৰ দূৰত্ব প্ৰায় ৫ কি. মি. ৷ বিলৰ কাষতে ব্ৰডগজ ৰেলআলি ৷ দীপৰ বিলৰ পৰিসীমা প্ৰায় ৪০ বৰ্গ কিলোমিটাৰ; তাৰে ৪.১ কি. মি. হ’ল পক্ষী আৰু বামুণী ভেকোলা আদি জলচৰ প্ৰাণীৰ বাবে সংৰক্ষিত অভয়াৰণ্য ৷ ভাৰতত পোৱা ভেকুলীৰ ভিতৰত বামুণী ভেকোলা (Hoplobatrachus Tigerinus) আটাইতকৈ ডাঙৰ; ইয়াৰ ঠেং বহুতো দেশত এক উপাদেয় খাদ্য ৷ বন্যপ্ৰাণী আইন অনুসৰি বামুণী ভেকোলাৰ সংৰক্ষণ কৰা হয় ৷

এই বিল ২১৯ বিধ পক্ষীৰ বাসস্থান বুলি জনা যায়; ইয়াৰে ৭০ বিধ হ’ল পৰিভ্ৰমী পক্ষী ৷ শীতকালত ইয়াত পক্ষীৰ কলৰৱ শুনিব লগীয়া; ইয়াৰে অনেক বিলুপ্তপ্ৰায় পক্ষী যেনে ভেলা বা ঢেৰা (Pelecanus philippensis), বৰটোকোলা (Leptoptilos javanicus), বৰ কলীমূৰী হাঁহ (Aythya baeri), বৰ উকহ বা কুৰুৱা (Haliaeetus leucogaster), হাড়গিলা (Leptoptilos dubius) ৷ ভেট, পদুম আদি ফুল, পানীত উপঙি থকা বিভিন্ন প্ৰকাৰৰ ঘাঁহ, মেটেকা আৰু পানীৰ তলৰ বহু উদ্ভিদো এই বিলত পোৱা যায় ৷ পৰিভ্ৰমী আৰু স্থানীয় জলচৰ প্ৰাণীৰো লীলাভূমি এই বিল ৷ শীতকালীন যাত্ৰাত চাইবেৰিয়ান ক্ৰেনেও (Grus leucogeranus) এই বিলত জিৰণি লয় ৷ পক্ষীৰ সংখ্যা আৰু বিভিন্নতা দেখি BirdLife International-এ দীপৰ বিলক অত্যাৱশ্যকীয় পক্ষী ক্ষেত্ৰ {Important Bird Area (IBA)} বুলি ঘোষণা কৰি সংৰক্ষণত বিশেষ গুৰুত্ব দিছে ৷ এই বিলত ২০ প্ৰকাৰৰ উভচৰ প্ৰাণী, ১২ বিধ জৈঠীজাতীয় প্ৰাণী, ১৮ বিধ সাপ আৰু ৬ প্ৰকাৰৰ কাঁচ পোৱা যায় ৷ বনৰীয়া হাতী (Elephas maximus), নাহৰফুটুকী বাঘ, বন্য মেকুৰী, সুগুৰি পহু, কেটেলা পহু আদি এই বিলৰ পাৰৰ বনাঞ্চলত দেখা যায় ৷

দীপৰ বিল কাষৰ ২৪ খন গাৱঁৰ ১২০০ পৰিয়ালৰ জীৱিকাৰ অবলম্বন ৷ পৰিষ্কাৰ পানীৰ মাছ এওঁলোকৰ প্ৰোটিন তথা উপাৰ্জ্জনৰ উৎস ৷ জলচৰ প্ৰাণী আৰু পক্ষী প্ৰেমীসকলৰ বাবে ইয়াৰ আকৰ্ষণ এৰাব নোৱাৰা ৷ 

২০০৮ চনত The Guwahati Water Bodies (Preservation and Conservation) Act জাৰি কৰা হয় ৷ ২০১০ চনত এই আইনৰ সংশোধনও কৰা হয় ৷ এই আইনৰ জৰিয়তে দীপৰ বিল, বৰচলা আৰু সৰুচলা বিল তথা শিলসাঁকো বিলৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয় ৷ কিন্ত আইন প্ৰণয়ন কৰিয়েই যদি সকলো সমস্যা সমাধান কৰিব পৰা হ’লহেঁতেন তেন্তে জলাশয় সমূহ এইদৰে সঙ্কুচিত হৈ নগ’লহেঁতেন ৷ ৰামচাৰ ক্ষেত্ৰৰ মৰ্য্যাদা পোৱা দীপৰ বিল ক্ৰমান্বয়ে সঙ্কুচিত হৈ আহিছে মানুহৰ অপৰিকল্পিত বসবাস, বন্যপ্ৰাণীৰ অবৈধ চিকাৰ, নলাৰ পানী বোৱাই দিয়া আদি ঘটনাৰ বাবে ৷ পৰিকল্পিত আঁচনি লৈ সংৰক্ষণত বদ্ধপৰিকৰ হ’লেহে বিশ্বৰ প্ৰয়োজনীয় জলাশয়ৰ মৰ্য্যাদা পোৱা দীপৰ বিল জগত সভাৰ উজ্বল মুকুটা হ’ব ৷ 

আহক, দীপৰ বিলৰ শোভা চাক্ষুষ কৰকহি; বামুণী ভেকোলা চাই, টোৰটোৰণি শুনি দৈৱাসান তল যোৱা সাধুটো মনত পেলাওক আৰু স্বস্তিৰ নিশ্বাস পেলাওক যে আপোনাৰ উপৰি পুৰুষ দৈৱাসানৰ বাসিন্দা নাছিল !


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

আমাৰ শৈশৱ

বন্তি বৰপূজাৰী

আমি এখন সেউজীয়া পৃথিৱীত জন্ম গ্ৰহণ কৰিছিলোঁ ৷ প্ৰদুষণমুক্ত এখন নীলা আকাশ দেখিছিলোঁ ৷ মনত পৰাৰে পৰা পুৱা সোনকালে শোৱা পাটী এৰি মুখ-হাত ধুয়ে মাৰ লগত বাহিৰত এপাক ফুৰিবলৈ গৈছিলোঁ সদায় ৷ কি যে নিৰ্মল বতাহ ৷ প্ৰদুষণৰ লেশমানো নাই ৷ মায়ে কৈছিল “এই বতাহখিনি বুকুৰ ভিতৰলৈ টানি আকৌ বাহিৰলৈ এৰি দে ৷ এনে কৰিলে আমাৰ হাওঁফাৱে অকছিজেন পাব ৷” আমি সদায় এনেদৰে বাহিৰৰ বতাহখিনি বুকুৰ ভিতৰলৈ টানি আকৌ এৰি দিছিলোঁ ৷ বুকুখন কোমল বতাহে ভৰি পৰিছিল ৷ বাহিৰত এপাক ফুৰি আহিহে গাখীৰ পানী খাই পঢ়াত বহিছিলোঁ ৷ শেৱালি ফুলাৰ বতৰত তল ভৰি সৰি থকা শেৱালি বুটলিছিলোঁ ৷ মায়ে তৰে অলপ অলপ কাগজত ৰাখি আমাৰ পঢ়া টেবুলৰ কাষে কাষে থৈ বাকীখনি শুকুৱাই ৰাখিছিল নতুবা খাৰ  ৰন্ধা, বৰ ভজা কামত ব্যৱহাৰ কৰিছিল ৷ পঢ়া টেবুলত বহি শেৱালি ফুলৰ গোন্ধত মন-প্ৰাণ জুৰি পৰিছিল ৷ মই কেইপাহমান ফুল স্কুললৈকো লৈ গৈছিলোঁ ৷ স্কুল গৈ পাওঁ মানে ফুল কেইপাহ লেৰেলি গ’লেও ইয়াৰ মন  মতলীয়া কৰা গোন্ধে আমোল মোলাই গৈছিল ৷ স্কুল ছুটীৰ পাচত হেড চাৰৰ ঘৰৰ আগ চোতালত থকা বকুল জোপাৰ ল সৰা ফুলবোৰ বুতলিবলৈ আমাৰ হেতা ওপৰা লাগি গৈছিল ৷ বকুলৰো এক সুকীয়া সুবাস ৷এই সুবাসৰ জানো কি মায়াবী যাদু আছে এবাৰ ল’লে লৈয়ে থাকিবৰ মন যায় ৷ দেউতাই আমাক বিশুদ্ধ গাখীৰ খুৱাব পৰাকৈ এজনী গাই পুহিছিল ৷ নাম মাইনী ৷ এইটো দেউতাৰ অফিচৰ চকীদাৰজনে দিয়া নাম ৷ গাই জনী অনাৰ দিনা আমাৰ কিযে ফূৰ্ত্তি ৷ মাইনীক আনোতে তাই গাভিনী আছিল ৷ দহ দিন মানৰ পাচতে তাই এজনী মাইকী পোৱালী জন্ম দিলে ৷ দেউতাৰ চকীদাৰ ৰামলালে সিহঁতৰ প্ৰতিপাল কৰিলে ৷ পোৱালীঠোৱে গাখীৰ খোৱা চাবলৈ আমাৰ হেতাওপৰা লাগিল ৷ গাখীৰ খোৱাৰ পাচত পোৱালীটো ৰামলালে অলপ দূৰত বান্ধি মাক মাত দিয়ে ৷ মায়ে হাতত নতুনকৈ অনা বাল্টিটো লৈ গাখীৰ খীৰায় ৷ বেলেগক কিন্তু তাই গাখীৰ খিৰাবলৈ নিদিয়ে ৷ ওচৰলৈ গ’লেই ঠৈঙাৰে লঠিয়াই দিয়ে ৷ মাৰ লগত গৈ গৈ মোৰ মাইনীৰ সৈতে বন্ধুত্ব হৈ গ’ল ৷ পশু-পক্ষী, গছ-লতা, তৃণ-তৰু মোৰ বৰ আদৰৰ ৷ স্কুললৈ যাওঁতে দেখি যোৱা ফুলনি বাৰী, পথৰ কাষে কাষে বিভিন্ন ৰঙৰ গছ-লতাই মোৰ মন-প্ৰাণ ভৰাই তোলে ৷ কেতিয়াবা কোনো কোনো জোপা গছত হাত দিয়াৰ লগেলগে তেজপিয়া এটাই জাপ মৰা দেখো ৷ তেজপিয়াই মূৰটো ৰঙা কৰি দিলে অলপ ভয়ো লাগে জানোচা আমাৰ তেজখিনিকে শুহি নিলে ৷ আমাৰ শৈসৱত প্ৰতি ঘৰতে আছিল একোখনকৈ ফুলনি বাগিচা ৷ পাচফালৰ খালি ঠাইত আছিল বিভিন্ন শাক-পাচলিৰ বাগিচা ৷ তাত যিহকে নালাগক তাৰেই গৃহস্থই এসাজ ৰান্ধিছিল ৷ গোবৰৰ সাৰেৰে কৰা পাচলি তাতে জুইত ৰন্ধা সঁচাকৈয়ে ইয়াৰ জুটি এতিয়াও জিভাত লাগিয়েই আছে ৷ আমাৰ দৈনন্দিন কামৰ তালিকাত বাৰীত কাম কৰাটো বাধ্যতামূলক আছিল ৷ গুৰি খোচৰা, শুকান পাত কাটি পেলোৱা এই কামবোৰ আমাক মায়ে শিকাইছিল ৷ আগফালৰ ফুলনিখন অধিক মনোমোহা কৰিবলৈ দাদায়ে ইটাৰ জোঙা মূৰটো উলিয়াই ফুলনিৰ চাৰিওফালে পুতি তাত বগা, ৰঙা ৰং সানিছিল ৷ কি যে মনোমোহা হৈ পৰিছিল ফুলনিখন ৷ মায়ে তাৰ পৰা বাচি বাচি ফুল আনি গোঁসাইৰ থাপনাত দি বৰ আনন্দ পাইছিল ৷ আমাৰ বাৰীত জাহাজী কল আছিল, জাতি কল আছিল ৷ জাহাজী কল ঠোকা পকিলে প্ৰথমে আগবঢ়োৱা হৈছিল ইষ্ট দেৱতালৈ ৷ তাৰ পাচতহে আমি খাবলৈ পাইছিলোঁ ৷ সেই কলৰ সোৱাদ পোৱা জনে পাহৰিব নোৱাৰে তাৰ তৃপ্তি ৷ 


দেউতাৰ শিক্ষা আকৌ আছিল সম্পূৰ্ণ সুকীয়া ৷ স্কুলৰ পৰা আহি পৰিষ্কাৰ হৈ আমি ভাত খাইছিলোঁ ৷ কাঁহী-বাতি ধুি অকঞমান জিৰণি ৷ তাৰ পাছত পলমকৈ আহি পোৱা খবৰ কাগজখন দাদা বা মই ডাঙৰ ডাঙৰ কৈ ঘৰৰ আটায়ে শুনাকৈ পঢ়িব লাগে ৷ মাও ইয়াৰ অংশীদাৰ হয় ৷ দেউতা চাকৰিত ব্যস্ত থকাৰ বাবে উভতি অহাৰ পাচত খবৰ কাগজৰ প্ৰধান বতৰিখিনি ক’ব লাগে ৷ তদুপৰি আমি কি কি পঢ়িলোঁ তাৰো খতিয়ান দিব লাগে ৷ দৈনিক দিক্সনেৰী পঢ়োতে নতুন শব্দ কি শিকিলোঁ জনাব লাগে ৷ তাৰ বানান ক’ব লাগে ৷ কেতিয়াবা এইবোৰ কৰি আমি অলপ অতিস্থ নোহোৱা নহয় ৷ কিন্তু ডাঙৰ হৈ অহাৰ লগেলগে ইয়াৰ সাৰগৰ্ভ মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিলোঁ ৷ দেউতাই নিশা ভাতৰ পাতত আমাৰ সৈতে ইংৰাজীত কথা পতাৰ এটা নিয়ম কৰি লৈছিল ৷ দেউতাই বিচাৰিছিল তেওঁৰ ল’ৰা-ছোৱালী কেইটা কম পৰিমাণে হ’লেও সকলো বিষয়তে পাৰ্গত হৈ উঠক ৷ ক’লৈলো গৈ যাতে অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় ৷ দেউতাৰ এনে মহানুভৱতাৰ বাবে আমি ক’তো থমকি ৰ’ব লগা হোৱা নাছিল ৷ চেউতাই আৰু এষাৰ কথা সদায় আমাক কৈছিল:- “শিকাৰ কোনো বয়স নাথাকে ৷ সৰু-ডাঙৰ বুলি কথা নাই, সকলোৰে পৰা জীৱনত শিকিব লগীয়া বহুত কথা থাকে ৷” দেউতাৰ এনে শিক্ষাৰ বাবেই অন্তত মই আজিকোপতি বহুত নজনা কথা শিকিলোঁ ৷ এতিয়াও শিকি আছোঁ ৷  


মা-দেউতাৰ পৰা লাভ কৰা এই শিক্ষা আমি আমাৰ নিজৰ সতি-সন্ততিকো দিবলৈ চেষ্টা কৰিলোঁ ৷ কিন্তু বিফল হ’লোঁ ৷ আজি-কালিৰ ল’ৰা-ছোৱালীয়ে আমাতকৈ বহুত কথা জানে ৷ ইন্টাৰনেটৰ সহায়ত সকলো তথ্য লাভ কৰে ৷ আমি মা-দেউতাৰ পৰা লাভ কৰা শিক্ষা তাহাঁতৰ বাবে আও পুৰণি ৷ গছ-লতা, পশু-পক্ষীৰ বাবে সিহঁতৰ হৃদয়ত স্থান নাই ৷ ইংৰাজী মাধ্যমত পঢ়ি ফৰফৰাই ইংৰাজী ক’ব পাৰে কিন্তু তাৰ গুঢ়াৰ্থ কিমান বুজি পায় সেইটোহে চিন্তনীয় বিষয় ৷ ঘৰৰ টাব কেইটা বন্ধৰ দিনত অলপ খুচৰি দিবলৈ ক’লে মুখ বিকটায় ৷ সেইবোৰৰ বাবে সিহঁতৰ হেপাহ নোহোৱা হ’ল ৷ সাৰে থকা সময়ত ব্যস্ত কেৱল মোবাইল ফোন বা কম্পিউটাৰ লৈ ৷ আনকি ঘৰখন অলপ পৰিষ্কাৰ কৰি সজোৱাৰ কামত আনহে নালাগে ছোৱালীবোৰৰো অনীহা ৷ খাবলৈ চিৰা-মুড়ী, সান্দহ, পিঠাগুৰি তাহঁতৰ বাবে অপথ্য ৷ লাগে ফাষ্ট ফুড, মেগী, সৰহকৈ মচলা দিয়া ব্ৰয়লাৰ চিকেন ৷ এইবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি বুজাবলৈ গ’লেও ওলোটাই ধমকহে খাব লাগে ৷ কিমান যে ভাষণ সিহঁতৰ ৷ গুগুলে কি কৈছে, কি বস্তুত কিমান প্ৰোটিন থাকে ইত্যাদি ইত্যাদি ৷ গতিকে আমাৰ শৈশৱৰ শিক্ষা একাষৰীয়াকৈ থৈ লোকৰ আজ্ঞাবাহী হোৱাৰ বাহিৰে উপায় কি ৷


আমাৰেই সতি-সন্ততি এতিয়া একো একোটা দুৰ্নীতিৰ পাহাৰ ৷ য’ত শাসকেই দুৰ্নীতিত নিমজ্জিত তাত এইবোৰ ৰোধ কৰিব কোনে ৷ খবৰ কাগজত দুটামান লেখাই কাৰো গাৰ নোম এডালো লৰাব নোৱাৰে ৷ এই ৰাজনীতি নামৰ পাশাখেলত আমিবোৰ এতিয়া বন্দী ৷ তাহানি খবৰ কাগজত, আকাশৱাণীৰ বাতৰিত আমাৰ জন প্ৰতিনিধিসৱৰ খবৰে মোহাচ্ছন্ন কৰি ৰাখিছিল আমাক ৷ তেওঁলোক আছিল একো একোজন মহীৰূহ ৷ আৰু আজি? কাৰো প্ৰতি কাৰো দয়া নাই, মমতা নাই ৷ মই যেতিয়া মোৰ গছ-পাত, ফুল, ফল, চৰাইৰ লগত কথা পাতি থাকোঁ ল’ৰাহঁতে কয় মা বলিয়া হ’ল ৷ কিন্তু এনেকুৱা বলিয়ালিয়ে মোক জীয়াই থকাৰ প্ৰেৰণা দিছে, দিছে মনোবল ৷ আমাৰ শৈশৱৰ প্ৰকৃতিয়ে চকুৰ পচাৰতে ৰং সলোৱা দেখি বুকুখন ফাটি চিৰাচিৰ হয় ৷ তাহানিৰ সেই কেতেকীৰ হিয়া ভঙা মাতে কিমান দিন যে মন ব্যাকুল কৰা নাছিল ৷ ক’ৰনা ভাইৰাছৰ ৰূদ্ৰমূৰ্ত্তিয়ে লকডাউন ঘোষণা কৰিবলৈ বিশ্ববাসীক বাধ্য কৰাৰ ফলত প্ৰদূষণ আঁতৰি প্ৰকৃতি আকৌ এবাৰ সেউজ হোৱা দেখি মন প্ৰশান্তিৰে ভৰি পৰিছে ৷ আমাৰ ঘৰৰ পৰা অনতি দূৰত থকা শৰণিয়া পাহাৰত কেতেকীৰ বিননি শুনিবলৈ পাইছোঁ ৷ মুক্তমনে বিচৰণ কৰা জীৱ - জন্তুৰ ছবি দেখিছোঁ ৷ এই শিকনি আমাৰ মানৱে কিমান দিন মনত ৰাখিব নাজানোঁ ৷ কিন্তু আমি আমাৰ শৈশৱ যেন আকৌ ঘূৰাই পাইছোঁ ৷ ক’ৰনাৰ ভয়াবহতাৰ পৰা মানৱ জাতি মুক্ত হ’ব লাগে ৷ আৰু লাগে প্ৰকৃতিত প্ৰতি তথাকথিত মানৱৰ অগাধ প্ৰেম ৷ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথাৰে - “মৰিতে ছাহিনা আমি সুন্দৰ ভুবনে, মানৱেৰ মাঝে আমি বাছিবাৰে চাই ৷”


পৃষ্ঠা ৮
বিশেষ গল্পঃ

লক্ ডাউন

চন্দনা হীৰা
গুৱাহাটী
70027 85923

    "বাপৰে  যিহে জুই ছাই দাম! এনেকৈ হ'লে আমিনো কেনেকৈ  চলিম? আশী নব্বৈ টকাৰে আমাৰ নিচিনা ‌মানুহে পাচলি খাব পাৰিম নে? চাকৰিয়াল বিলাকৰ কথা বেলেগ। দৰমহা পাব আৰু কিনি খাব। আমিনো ইমান টকা ক'ত পাম? মানুহে চোন কৰোনাৰ ভয়ত আমাক কাম কৰিবলৈও নমতা হ'ল। দেখিছোঁ আমি এতিয়া নাখায় নবৈ মৰিব লাগিব।"

আলি কাষৰ পৰা বুটলি অনা ক'লা কচুৰ ডালিবোৰৰ‌ চো্ঁচ এৰুৱাই এৰুৱাই গোপাল মিস্ত্ৰীৰ ঘৈণীয়েক প্রতিমাই কথাখিনি কৈ মনৰ ক্ষোভ উজাৰিলে।
তিনি ‌চাৰিমাহ ধৰি হোৱা লক্ ডাউনৰ কাৰণে প্রতিমা হঁতৰ পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। প্ৰথমবাৰ লক্ ডাউনৰ সময়ত চৰকাৰৰ পৰা কিবা অলপ দালি চাউল পাইছিল,দুই এজন আত্মীয়ইয়ো সহায় কৰিছিল।কিন্তু পিছলৈ সেইখিনিও নোহোৱা হ'ল।আজি তিনি 
চাৰিমাহে গোপালে‌ কোনো  কাম কৰিব পৰা নাই। ল'ৰা
ছোৱালী ‌দুটাৰ সৈতে চাৰিটা
প্ৰাণী। তাতে আকৌ ঘৰ ভাড়া দিব লাগে। চহৰৰ নিচিনা ঠাইত চাৰিটা কৈ প্ৰাণী বহি খোৱাটো কম কথানে(?) দুয়োজনে কাম কৰিব নোৱাৰাত যি অলপ জমা টকা আছিল চাউল দাইল কিনোতে সেইখিনিও শেষ হোৱাৰ পথত।সেইখিনি শেষ হলে কি কৰিব ভাবি প্ৰতিমাৰ মূৰটো গৰম হৈ উঠিল। তাই ভাবিলে, দুদিন পিছত যিহেতু লক্ডা উন শেষ‌ হব, এইবাৰ তাই আকৌ শইকীয়া,হাজৰিকা, আৰু বৰুৱাহঁতৰ ঘৰত পার্ট টাইমৰ কামত জইন কৰিব লাগিব। কথাবোৰ ভাবি থাকোঁতে হঠাৎ গিৰিয়েকৰ মাত শুনি তাই কান থিয় কৰিলে_," জানা প্ৰতিমা, লকডাউন  হেনো আকৌ দুসপ্তাহ বঢ়াই দিছে ।"
- গোপালৰ কথা শুনি প্ৰতিমাৰ মূৰত সৰগখন ভাঙি পৰা যেন লাগিল।


পৃষ্ঠা ৯
ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন

দুৰ্গেশ্বৰ শইকীয়া
মাজুলী, ভ্ৰাম্যঃ 9678248767

যোৱা সংখ্যাৰ পিছৰ পৰা

(ষোল্ল)

          পিছ দিনা পুৱা খেৱালি জাল খন লৈ দলঙৰ ওচৰত মাছ ধৰিবলৈ অহা জীপেনে দেখিলে আনটো স্বপ্নাৰ মৰিশালিটোৰ কাষতে মানুহ এটা পৰি আছে । কোন হʼব পাৰে বাৰু ? কোনোবা মদাহী নেকি ? ৰাতি নিচাৰ কোবত তাতে পৰি থাকি টোপনি গৈ আছে এই বেলি এপৰ হোৱালৈকে । সি দলং খনেদি আহি ওচৰ পালেহি । বুকুখন তাৰ ধমহ কৰে উঠিল । এইটো দেখোন মোহন । শ্বাস-প্ৰশ্বাস নাই একো । সি চিঞৰ বাখৰ লগালে । গাঁৱৰ পৰা লʼৰা বুঢ়া ডেকা গাভৰু নদীৰ পাৰত জুম বান্ধিলেহি । হুৱা দুৱা লাগি গʼল । নগেন হঁতকো বুদায়ে খবৰটো দিলেহি । গাঁৱৰ মানুহবোৰ জুম বান্ধিলেহি শুকান সুঁতিৰ পাৰত ।
           হঠাৎ জেপত ওলাই থকা চিঠিখন কোনোবা এটাৰ চকুত পৰাত কোনোবা এটাই চিঞৰি দিলে । নগেনে থাপ মাৰি উলিয়াই আনি দেখিলে তাৰ নামতে লিখা । কান্দোনত ভাগি পৰিছিল সি । পঢ়ি গ'ল লগৰীয়া বোৰে শুনাকৈ ।বাধাহীন ভাৱে খুন্দা মাৰি ধৰা শোকত সি মাটিত পৰি চিঞৰিবলৈ ধৰিলে ।
‌‌         "এয়া তই কি কৰিলি মোহন ?কিয় ইমান নিষ্ঠুৰ সিদ্ধান্ত লৈ পেলালি ? আমাৰ কথা এবাৰো নাভাৱিলি কিয় ? কিয় ? কিয় ?"
        কান্দোনৰ ৰোল উঠিল শুকান সুঁতিৰ পাৰত ।
         "এতিয়া আৰু চাই থাকিলে কি হ'ব ? যি হ'ব লগা আছিল হৈ গ'ল । কাল ধুমুহাই সকলো মোহাৰি থৈ গ'ল । নিয়তিৰ নিষ্ঠুৰ হাতেৰ পুতলা আমি , কৰিমেই বা কি ? ইহঁতৰ পৱিত্ৰ প্ৰেমৰ সন্মান জনাই সৎকাৰৰ দিহা কৰা হওক ।" মাষ্টৰে আকৌ ক'লে । অশ্ৰু ভৰা নয়নেৰে তাক শেষ বিদায় দিবলৈ সকলো সাজু হ'ল । 
          যি জনী আটাইৰে মৰমৰ স্বপ্নাক বিদায় দিছিল সিহতে , তাইৰ কাষতে আজি সিহঁতে মোহনকো বিদায় দিবলৈ সাজু হ'ল । অশ্ৰু সিক্ত নয়নেৰে , ভাৰাকান্ত হৃদয়েৰে লগৰীয়া হতে সাজু কৰিলে আন এখন চিতা ।
          শুকান সুঁতিৰ পাৰত যি ৰিয়াই বাজি থাকিল এক কৰুণ সঙ্গীত ।
 
(আগলৈ...)


পৃষ্ঠা ১০

অভিশ্ৰুতি

চয়নিকা বৰুৱা
যোৰহাট, ভ্ৰাম্য ঃ 9706269100


(খণ্ড ১২)

(তেওঁৰ মাতষাৰ শুনি আজি দেখোন ভয় লাগিল..কিন্তু কিয়..)
•মই কিবা এটা সুধি আছো miss...
•Oh sorry...মই কথা এটা ভাবি আছিলো।
.....মই অলপ ব্যস্ত আছিলো।মোবাইলতো ভিতৰৰ ৰুমত আছিল..আপুনি ফোন কৰাৰ কথা গম নাপালো।
•কি কথা ভাবি আছিলা?
•আপোনাৰ কথা।
•কিহ্....আৰে ৱাহ....আজি বেলি পশ্চিমত উদয় হৈছিলযেন পাওঁ....
...পিছে...মোৰ কথা কি ভাবি আছিলা miss....?
•হা.....নাই একো নাই...হ'ব দিয়ক এতিয়া ফোন ৰাখো...
•Hello...miss..Hello...m........
...........টুত টুত........
(ফোনটো কাটি দিলো..নহ'লে কি কৰিলো হেঁতেন...তেওঁৰ প্ৰশ্নৰ উত্তৰ কি দিলো হেঁতেন...)
•মইয়ো যে কি ছোৱালী....কি দৰকাৰ আছিল বাৰু তেওঁৰ কথা ভাবি আছিলো বুলি ক'বলে..।কি ভাবিছে বাৰু মোৰ কথা..চেহ্ বৰ ডাঙৰ কথা হ'ল..
•কি ডাঙৰ কথা হ'ল অ...?
(মাতটো শুনি চক্ খাই গ'লো...মা বুলি ভাবি..পিছে মা নহয় ভন্টিহে...)
•তই ইয়াত কি কৰিছ....যা শুই থাক।
•মই আজি ইয়াত শুম।
•কিয়...তইচোন মাহীৰ লগত শুই আছিলি...এতিয়া আকৌ কি হ'ল...?
•মাহীৰ লগত মা শুৱে হেনু।
•মা যদি মাহীৰ লগত শুইছে...তেন্তে....
...তেন্তে আইতা কাৰ লগত শুইছে...?আইতাক অকলে শুবলে দিব নালাগিছিল নহয়..মা...নো মাহীৰ লগত আহি কিয় শুব লাগে???
•আস...সা মেৰি মা...first মোৰ কথাতো ভালকে শুনি ল চোন..তাৰ পাছত আইতা লে চিন্তা কৰিবি....
•আইতা লে পাছত চিন্তা কৰিবি মানে আইতা থিকে আছেতো..কিবা হৈছেনি..ব'ল দেউতাক জগাই দিওগে..ব'ল ব'ল...
•ধেত....কথাতো শুনি ল চোন...কি যি কি কথা কৈ আছ...
•কিন্তু...
•চুপ...একদম চুপ..মোৰ কথাতো শুনি ল...তাৰ পাছত মুখখন খুলিবি....শুন...
.....দাদাৰ হেনু আজি আইতাৰ লগত শুবলে মন গ'ল..সেই কাৰণে মা তোৰ লগত শুবলে আহিবলৈ লৈছিল।মই ভাবিলো..তই ভিনীহিৰ লগত কথা পাতি আছ...গতিকে মা আহিব নালাগে মইয়েই শু হি তোৰ লগত..যাতে তোৰ দিগদাৰ নহওক...সেয়ে মাক মাহীৰ লগত শুবলৈ দিলো..আৰু মই তোৰ ওচৰ আহিলো......বুজিলি নে???????????
•অহ্....সেইটোকে কিয় কোৱা নাই মোক অথনিৰে পৰা...হা..??
•আউউউউ দেখিছা...এতিয়া মানে দূষতো মোৰ হে হ'ল ন???অথনিৰে পৰা কোনে কথা নুশুনাকে কথা কৈ আছিল ? মই নে তই...?????
•হ'ব বৰ কথা তোৰ।এবাৰ মুখ খুল খালে আৰু ৰক্ষা নাই...শুইযা মনে মনে...।
(ভুলটো মোৰেই আছিল..বাৰু...হুহু...হুহু..
........ৰাতিপোৱা সোনকালে উঠিলো আজি...। সৰু সৰু কাম কিছুমান কৰি থাকোতে দুপৰীয়াই হ'ল।আজি তেওঁ এবাৰো মোলে মেচেজ ফোন কৰা নাই...আনকি মোৰ মেচেজতোৰ ৰিপলাইও নাই দিয়া।কি বা হ'ল একো ধৰিব নোৱাৰি মই নিজেই এবাৰ ফোন কৰিলো...কিন্তু ফোনতো হ'লে ৰিচিভ নকৰিল। যি কি কথাবোৰ মনলে আহি আছে।এনেতে মায়ে ভাত খাবলৈ মাতিলে।ভাত খাই আহি আকৌ এবাৰ তেওঁলে ফোন কৰিলো..নাই নধৰিলে।দাদাও ঘৰলৈ গ'ল গৈ..নহ'লে তাৰ পৰাই ফোন এটা কৰি চালো হেঁতেন।এইবোৰ কথা ভাবি থাকোতেই ফোনতো বাজিল...চালো দাদা হে....)
•Hello...পোৱালি..
•umm
•অভিয়ে মোৰ ফোনতো কিয় ৰিচিভ কৰা নাই তাক সুধচোন...।
•তেওঁ তোৰ ফোনো ৰিচিভ কৰা নাই নি??
•তোৰ ফোনো মানে...???সি তোৰ ফোনো ৰিচিভ কৰা নাই নি?????
•উহো...নাই কৰা...মেচেজৰো ৰিপলাই নাই ফোন ৰিচিভ কৰা নাই।
•আজি last কেতিয়া ফোন কৰিছিল???
•নাই কৰা..কালিয়েই ৰাতি ফোন কৰা..তাৰ পাছত আৰু ফোন নাই.....
•ৰহ্...মই তাৰ সৰু মামীয়েকলে ফোন কৰো....
•Oky.
(দাদাৰ কথাকেইটা শুনি আৰু ভয় লাগিবলৈ ধৰিলে...মোৰ ফোন বাৰু খঙত ৰিচিভ নকৰিব পাৰে কিন্তু দাদাৰ......
....দাদাৰ ফোন কিয় ৰিচিভ কৰা নাই...?তেওঁ থিকে আছে নে বাৰু..কিবা অঘটন ঘটিল নি তেওঁৰ লগত।.....মনলে যি কি বেয়া কথাবোৰ হে আহি আছে....)
....ক্ৰিং...ক্ৰিং....
•Hello...দাদা...
•পোৱালি মই তাৰ মামীয়েকলে ফোন কৰিছিলো...মামীয়েকে ক'লে অভি...................।
•কিহ.....?????

আগলৈ..........


পৃষ্ঠা ১১

এই বাটেদি ৰাধা যমুনালৈ যায়

শিৱানী বৰা, গুৱাহাটী
দূৰভাষ-৭০০২৫৬৪৮৪৪

দুই

          এইবাৰ মাধৱপুৰত তিনিদিনীয়াকৈ ৰাস পাতিছে। আজি প্ৰথম দিন। ৰাধা গাঁৱৰে অকণিয়ে লৈছে। আকৌ কৃষ্ণ বোলে আগখন গাঁৱৰ হৰশ্বৰৰ পিতেকে লৈছে । কংস লৈছে গোটেই তিনিদিন চাপৰিৰ নন্দেশ্বৰ কলিতাই। আচলতে নন্দৰ নিচিনা কংস ভাও গাব পৰা মানুহ গোটেই মাধৱপুৰতে নাই। 
তগৰৰ নাতিয়েকে বোলে সৰু কৃষ্ণ লৈছে। জপৰা চুলি কোছাৰ সৈতে চাগৈ সাক্ষাৎ কলীয়া কানাইৰ দৰেই লাগিছে চাগৈ দেহি। দৈবকী বোলে আগৰ বছৰ লোৱা জনীয়েই লৈছে। বৰ টেং টেঙীয়া আছিল মাতটো সেইজনীৰ। বহুতে বোলে আপত্তিও কৰিছিল এইবাৰ । কিন্তু তাই বোলে ৰাস কমিটিৰ সভাপতিৰ খুলশালীয়েক। গতিকে সুবিধা পাবই তাই। সবতে পলিটিক্স হেৰৌ আজিকালি। যশোদা কোনে লৈছে সেইটোহে সুধিবলৈ নহ'ল মানুহজনীৰ। 

আজি আবেলিৰে পৰা গোটেই  মাধৱপুৰ উদুলি মুদুলি। নহ'বনো কেলৈ বাৰু গোটেই লৌচালি মখাই গোপ গোপিনী ওলাইছে। গোপিনী ওলোৱা ছোৱালী মখাই এইকেইদিন মেখেলা-চাদৰ বিচাৰি গোটেই গাঁৱৰ নতুন নছোৱালী কেইজনীৰ ওচৰত ভিৰ কৰিছেগৈ। কোনোবা দুজনীমানে এইযোৰেই সুৱাব  বুলি নিজেই বাকচৰ পৰা উলিয়াই দিছে।  দিবলৈ মন নথকা কেইজনীয়ে আকৌ ভনীয়েক বা লগৰ ছোৱালীয়ে বিয়াত পিন্ধিবলৈ নিয়া বুলি ফাঁকি মাৰিছে।


দুমাহৰ আগত বিয়া হৈ অহা কেইজনীয়ে দিয়েনো কেনেকৈ ? ছোৱালী মখা কম জানো! নাচি নাচি মেখেলাৰ পাতলি চিঙি ঘূৰাই দিবহি, আকৌ কেতিয়াবা নতুন পাট কাপোৰত এবখলা এবখলা দাগ লগাই ঘূৰাই পঠিয়ায়। কোনোবাই আকৌ ঘূৰায়েই নিদিয়ে। এইবাৰ পিছে গোটেই মখাৰে চকু মণ্ডলৰ পিতেকৰ নছোৱালীৰ কাপোৰ কেইযোৰৰ ওপৰত। তাই বা দিলে নে নাই কাপোৰ ছোৱালী কেইজনীক কৰাটোহে গম পোৱা নগ’ল !! যিহে চহৰৰ ইচটেনদাদ ছোৱালী!

ওচৰৰ মইনাকণ মানুহজনীৰ ওচৰলৈও আহিছিল কাপোৰ এযোৰ বিচাৰি। বিধবা মানুহজনীয়েনো বাৰু ক'ত পিন্ধে ৰঙিলী কাপোৰ? তথাপিটো বাকচ খুলি বিচাৰি বিচাৰি মচুৰ ৰঙৰ কাপোৰ এযোৰ পালেগৈ।  সেইযোৰ আকৌ মানুহজনে বিয়াৰ পিছৰ প্ৰথমটো বিহুত আনি দিছিল। এদিনো পিন্ধিবলৈকে নাপালে। মানুহজনৰ প্ৰথম উপহাৰ বুলি আজিও থৈ দিছে তেনেকৈয়ে। কিন্তু  বাকচৰ তলিত পৰি পৰি ৰঙেই ধৰোঁ ধৰোঁ হৈছিলগৈ। তাই মাজে মাজে ৰ'দাই আছিল বুলিহে। সেইযোৰকে মইনাকণক পিন্ধিবলৈ উলিয়াই দিলে। ধকধকীয়া বগী মইনাকণক বৰকৈ সুৱাব চাগৈ। 

মইনাকণে পৰহিলৈ নাচিব বোলে। তাইক বৰকৈ লগ ধৰি থৈ গৈছে ৰাস চাবলৈ। অৱশ্যে তাইৰো মন নোহোৱা নহয়। মচুৰ ৰঙৰ কাপোৰ যোৰে মইনাকণক কেনেকুৱা লাগিব সেয়া চাবলৈহে বৰকৈ মন গৈছে তাইৰ। মইনাকণৰ ৰূপত কিজানি নিজকে দেখা পাই এবাৰ!! কাইলৈ তাই এনেও নাযায়। কাইলৈ বোলে মহাৰাসৰ কৃষ্ণ মাইকী ছোৱালীয়ে লৈছে। মাইকী কৃষ্ণ চাবলৈ কোন যাব!! 

মনতে কথাবোৰ ভাবি ভাবি সৰু ছোৱালীৰ নীলা পাৰী দিয়া ইউনিফৰ্মৰ  চাদৰখনৰ কোঁচকেইটা গৰম পানী ভৰাই থোৱা কেটলীটোৰে হেঁচি  ধৰিছে। সোতোৰ মোচোৰ চাদৰখন গাত ল'লে গাভৰু ছোৱালীজনীক ভাল দেখি জানো? কেঁচুৱা কেঁচুৱা কৰি থাকোঁতে নাইনেই পালেগৈ। কাইলে পৰহিলে কলেজলৈ গ'লে গ্ৰাহকেই লাগিব যিহে দেখনীয়াৰ জনী হৈছেগৈ।  লায়েকৰ ল'ৰা এটালৈ উলিয়াই দিব পাৰিলেই আজৰি। 

শ্ৰীকৃষ্ণই ইতিমধ্যে শংখচূড় বধ কৰাৰ দিশে আগবাঢ়িছে। খোলৰ চাপৰবোৰ খুব খৰ হৈছে। মানুহজনীৰ এইবাৰ কামবোৰ খৰ হৈছে। ৰাসখনকে শুনি শুনি কামবোৰ লাহে লাহে কৰি থাকোঁতে বহুত কাম থাকিয়েই গ'ল। 

ধনটিৰ ইউনিফৰ্মৰ চাৰ্টৰ বুটাম লগোৱা, চিলনিটো ফাটি যোৱা গাঢ নীলা পেন্টটো চিলোৱা, কাইলৈ নিবলৈ স্কুলৰ পানী বটলত ভাগে ভাগে পানী ভৰাই থোৱা, টিফিনত ৰুটি দি পঠিয়াবলৈ আটা অলপ আজিয়েই মথি থোৱা।  আকৌ ঘৰটো ৰঙামাটিৰে মছিবলৈ আছেই।

ৰঙা মাটিৰে ঘৰখন মছি আজৰি হৈ ধনটি আৰু সৰু ছোৱালীৰ ইউনিফৰ্মৰ কাপোৰ কেইযোৰ বাহিৰতে উলিয়াই থ'লে। ৰাতিপুৱা অলপ চিঞৰ বাখৰবোৰ কমিব!!

বাঁহৰ চাং খনৰ তুলিৰ ওপৰত বিচনাচাদৰ খন ভালকৈ জোঁকাৰি পাৰি ল'লে। চাং খনৰ চাৰিওফালে থকা সৰু বাঁহৰ খুটিত আঁঠুৱাটো লগাই ভালকৈ গুজি বহি আঁঠুত মূৰ গুজি মানুহজনীয়ে ভালকৈ বহি ল'লে।

গাটো বৰ ভাগৰ ভাগৰ লাগিছে মানুহজনীৰ। লাগিবৰে কথা দোকমোকালিৰে পৰা টাকুৰি ঘূৰাদি ঘূৰি ঘূৰি এইমাত্ৰ আজৰি হৈছে। টোপনিয়ে হেঁচা মাৰিয়েই  ধৰিছে। কিন্তু এবাৰ শুই দিলে যে সাৰেই নাপাব। 

ইতিমধ্যে কংস বধৰ দৃশ্য  আৰম্ভ  হৈছে।  ৰাস শেষ হ'বই আৰু। কিবা এটা মনত পৰাৰ দৰে মানুহজনী বিচনাৰ  পৰা নামি বাহিৰলৈ ওলাই আহিল। চিয়াঁহী বটলৰ টিপ চাকিটো হাতত লৈ কুঁৱাৰ পৰা দুবাল্টি পানী তুলি আনি দুৱাৰ মুখত থ'লে। বাহিৰৰ পৰা আহি ভৰিকেইটা ধুবলৈ পানীকণ যদি ঘৰত থকাজনীয়ে গোটাই নিদিয়ে তেন্তে কোনে দিব?

(আগলৈ)


পৃষ্ঠা ১২

অণুগল্পঃ

মোট

    'প্ৰেম' শব্দটো শুনিলেই  আগতে যেন মানুহগৰাকীৰ গা বিছাই ডকা দি ডাকিছিল। লোকৰ ল'ৰা-ছোৱালীৰ প্ৰেমক লৈ কি যে ফিচিঙা-ফিচিঙি।
    সময় বাগৰিল। ছোৱালীজনী পলাই গ'ল। ল'ৰাৰো প্ৰেম বিবাহ। এতিয়া মানুহগৰাকীৰ মনে-মুখে যেন প্ৰেমৰেই জয়গান!

অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০


পৃষ্ঠা ১৩
বিশেষ লেখাঃ

লঠঙা পাহাৰৰ সেউজী উৎসৱ

শ্যামলিমা কাকতি
ফোন ঃ 99583 98155


   য'ত জীৱন আছে তাতেই সংস্কৃতি বিৰাজমান, সেয়া প্ৰকৃতিগত অথবা মানৱীয় হ'ব পাৰে। এনে এটা জাতি বা জনগোষ্ঠী নাই, যাৰ কোনো উৎসৱ-পাৰ্বণ নাই। সকলোৰে সুকীয়া লোক কৃষ্টি, সংস্কৃতি-পৰম্পৰা থাকে৷ এই পৰম্পৰা সমূহেই প্ৰতিটো জাতি-জনগোষ্ঠীক উজলাই তোলে৷ অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ অন্যতম জনগোষ্ঠী কাৰ্বিসকলো নিজা ভাষা- সাহিত্যত চহকী হোৱাৰ লগতে ভিন্ন কৃষ্টি, সংস্কৃতি-পৰম্পৰাৰে পৰিপূৰ্ণ এটা জনগোষ্ঠী৷ তেওঁলোক মংগোলীয় নৃ–গোষ্ঠী আৰু তিব্বত–ধৰ্মীয় ভাষিক লোক। আজি কাৰ্বি সকলৰ সৰহ খিনি লোকেই অসমৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা দুখনত বাস কৰে। অৱশ্যে  কিছু সংখ্যক কাৰ্বি লোক নগাঁও, মৰিগাঁও, কামৰূপ, শোণিতপুৰ, গোলাঘাট, মেঘালয় আদি জিলাৰ বিভিন্ন অঞ্চলত বসবাস কৰি আহিছে। তেওঁলোকৰ অনেক পৰম্পৰাগত উৎসৱ-পাৰ্বণ আছে। যিসমুহ জনগোষ্ঠীটোৱে সভ্যতাৰ ইতিহাস ঢুকি পোৱা দিনৰে পৰা স্বকীয় ৰীতি-নীতিৰে সময়, পৰিৱেশ আৰু সুবিধানুসাৰে পালন কৰি আহিছে। কাৰ্বিসকলৰ সংস্কৃতি-পৰম্পৰাৰ লগতে সাতোটা বাৰ আৰু বাৰটা মাহৰ নিৰ্দিষ্ট নাম আছে৷ বছৰৰ প্ৰতিটো মাহৰ সৈতে প্ৰকৃতিৰ ৰূপ আৰু ঋতুৰ পৰিক্রমা তেওঁলোকে মানি চলে স্বকীয়ভাৱে৷

   জুম খেতি (ঝুম খেতি) পাহাৰীয়া জনগোষ্ঠীৰ মাজত এতিয়াও প্ৰচলিত আদিম কৃষি প্ৰথা। কাৰ্বি আংলং আৰু ডিমা হাচাও জিলালৈ গ’লে ৰাস্তাৰ পৰাই জুম খেতিয়ে সৃষ্টি কৰা টকলা পাহাৰবোৰ দেখিবলৈ পোৱা যায়। পাহাৰীয়া জনগোষ্ঠীৰ মাজত এতিয়াও আদিম কৃষি ব্যৱস্থা জুম খেতি প্ৰচলিত হৈ আছে। প্ৰতি বছৰে পাহাৰৰ হাবি-বন কাটি জুই লগাই জুম খেতি পথাৰ মুকলি কৰা হয়। ফলত পাহাৰবোৰ দিনে দিনে টকলা হৈ পৰিছে। সমগ্ৰ পৃথিবী জুৰি প্ৰায় ২৩০ পৰা ৫০০ মিলিয়ন জনসংখ্যাই এতিয়াও জুম খেতি কৰে। ২০০৪ চনৰ এটা সমীক্ষা মতে অকল ব্ৰাজিলতেই ৫ লাখ ক্ষুদ্ৰ খেতিয়কে প্ৰতি বছৰে গড়ে এক হেক্টৰ বনানী মাটি জুম খেতিৰ বাবে মুকলি কৰে। অসমৰ দুই পাহাৰীয়া জিলাত জুম খেতিৰ বাবে কিমান বনানী ধ্বংস কৰা হয় ইয়াৰ সঠিক তথ্য নাই কিন্তু টকলা পাহাৰবোৰ দেখিলে ইয়াৰ ব্যাপকতা অনুমান কৰিব পাৰি।

   কৃষি ভিত্তিক উৎসৱ-পাৰ্বনসমূহ সাধাৰণতে আন আন জনগোষ্ঠীৰ দৰেই সেউজ কাৰ্বিভূমিতো পালন কৰা হয়৷ এই জনগোষ্ঠীৰ এখন নিজস্ব বৰ্ষপঞ্জী অৰ্থাৎ কেলেণ্ডাৰ আছে। যেনে-

থাংথাং(ফেব্ৰুৱাৰী)-ৰিতলাং, অৰ্থাৎ জুম খেতিপথাৰ নিৰ্বাচন কৰা মাহ।

থেৰে(মাৰ্চ)-মামতে, অৰ্থাৎ জুমতলীৰ হাবি-বন কাটি শুকাবলৈ দিয়া মাহ।

জাংমি(এপ্ৰিল)-মেহ-ৰি অৰ্থাৎ জুমতলীত জুই দিয়া মাহ।

ফাইকুনি(নৱেম্বৰ)-ছকবো পাংনি, অৰ্থাৎ ধানৰ মুঠি থিয় কৰি থোৱা মাহ।

আৰকই(জানুৱাৰী)-ছকৰই, অৰ্থাৎ ধান চপাই ঘৰলৈ অনা মাহ।

    ভাৰতৰ সমগ্ৰ জাতি-জনগোষ্ঠীৰ অধিকাংশ উৎসৱ- পাৰ্বণ কৃষিভিত্তিক হোৱাৰ দৰে কাৰ্বিসকলে পালন কৰি অহা উৎসৱসমুহো মুলত: কৃষিভিত্তিক বুলিব পাৰি। পাহাৰ বা সমতল ভুমিৰ খেতিপথাৰত খেতি কাৰ্যৰ আৰম্ভণিৰ আগত, শস্য চপাই ঘৰলৈ আনি লখিমীক ভঁৰালত সুমুওৱাৰ শেষত আৰু এই দুয়ো কাৰ্যৰ ঠিক মাজৰ অৱসৰ সময়খিনিত কাৰ্বিসকলে উৎসৱ-পাৰ্বণসমূহ উদযাপন কৰে। অসমীয়া মাঘ (জানুৱাৰী) মাহত ভোগালী বিহু আৰম্ভ হোৱাৰ ঠিক পিছৰ দিনাখনে কাৰ্বিসকলে হাচাকেকান উৎসৱ পালন কৰে। ইয়াৰ পিছৰ মাহতে অৰ্থাৎ ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীতে অনুষ্ঠিত হয় কাৰ্বি ডেকা- গাভৰুসকলৰ হিয়াৰ আমঠু- ৰিছ’ নিমছ’ আৰ্ং আজে’।

    থাংথাং মাহ অৰ্থাৎ ফেব্ৰুৱাৰী মাহ কাৰ্বিসকলৰ বৰ্ষ পঞ্জীৰ পহিলা মাহ। সয়েহে ১ ফেব্ৰুৱাৰীৰ দিনাখন কাৰ্বি নৱবৰ্ষ পালন কৰা হয় । কৃষিজীৱি কাৰ্বিসকলে জুম (ঝুম) খেতি চপাই হেম্ফু অৰ্থাৎ ভগৱানক আৰ্নাম মানে পূজা-অৰ্চ্ছনা কৰে৷ সকলোৰে মংগল কামনা কৰে আৰু লগে ভাগে এসাঁজ খায়। বিভিন্ন খেল ধেমালি, নৃত্য-গীত আদিৰ লগতে সমূহীয়াভাৱে সকলোৱে মিলি দুপৰীয়াৰ এসাঁজ আহাৰ গ্ৰহণ কৰে।

   কাৰ্বি ৰিছ’ নিমছ’ আৰং আজে অৰ্থাৎ কাৰ্বি যুৱ মহোৎসৱ। পূৰ্বতে হয়তো বিগত আশী দশকৰ আগলৈকে জনগোষ্ঠীটোৱে সময়, সুবিধা আৰু সামাজিকভাৱে প্ৰয়োজন সাপেক্ষেহে ডেকা-গাভৰুসকলে মিলি যিকোনো ঠাই বা গাঁৱৰ মুকলি ঠাইত পৰম্পৰাগতভাৱে চলি অহা নৃত্য-গীতসমুহ পৰিৱেশন কৰিছিল। কোনো এখন গাঁৱৰ কোনো এটা পৰিয়ালে পৰিয়ালটোৰ পূৰ্বপুৰুষসকলৰ আত্মা সদগতিৰ বাবে সেই পৰিয়ালটোৰ আত্মীয়-স্বজন সকলোৱে মিলি চ’মাংকান উৎসৱ পাতে। চ’মাংকান উৎসৱপুৰ্ণভাৱে সম্পন্ন হ’বলৈ হ’লে এসপ্তাহৰ প্ৰয়োজন হয়। অতি ব্যয়বহুল, এই উৎসৱলৈ গাওঁখনৰে নহয়, দুৰ-দুৰণিৰ গাঁৱৰ মুনিহ-তিৰোতা, ডেকা-গাভৰুসকলকো নিমন্ত্ৰণ কৰা হয়। চ’মাংকানত নিমছ’ কিৰুং, চং চিংনা নৃত্য-গীতৰ লগতে বয়স্ক মহিলাৰ দ্বাৰা কাচাৰহে আলুন (বিননি গীত) দিনে-নিশাই নিৰৱচ্ছিন্নভাৱে চলি থাকে। এনেদৰে পাহাৰত খেতিকাৰ্য আৰম্ভ হোৱাৰ আগে আগে ‘বতৰ কেকুৰ’ মাংগলিক অনুষ্ঠানৰ লগত সংগতি ৰাখি ডেকা-গাভৰুসকলে ৰিতনং চিংদি নৃত্য- গীত কৰে। ডেকা-গাভৰুসকলে পথাৰৰ সোণালী শস্য আনি আটাইৰে ভঁৰালত ভৰোৱা কাৰ্য শেষ হ’লে সিদিনা গাওঁখনৰ মুৰব্বী (গাওঁবুঢ়াৰ) ঘৰৰ চোতালত গাওঁখনৰ গঞা ৰাইজ আটায়ে মিলি আনন্দেৰে এসাঁজ খায় আৰু সিদিনা ডেকা-গাভৰুসকলে ওৰেতো নিশা নাচি- বাগি গায় লখিমী আদৰা ভক্তি আৰু আনন্দত হাচাকেকান উৎসৱ উদযাপন কৰে। কালক্ৰমত সময়ৰ চাহিদা অনুসৰি সেই আটাইবোৰ নৃত্য-গীত গাঁৱৰ কোনো মুকলি ঠাই বা গাঁওবুঢ়াৰ ঘৰৰ চোতালৰ পৰা লাহে লাহে মঞ্চত প্ৰৱেশ কৰিলে।   সময়োপযোগীকৈ কৰা চিন্তাচৰ্চাৰ ফলস্বৰূপে অতুৎসাহী যুৱকসকলে ‘কাৰ্বি ৰিছ’ নিমছ’ আৰ্ং আজে’ নাম দি ১৯৭৪ চনত প্ৰথমবাৰৰ বাবে ডিফুস্থিত কাৰ্বি ক্লাব প্ৰাংগণত মহা আড়ম্বৰেৰে আৰ্ং আজে’ অৰ্থাৎ মহোৎসৱটি উদযাপনৰ দিহা কৰিলে। মহোৎসৱত চিৰপ্ৰচলিত আটাইবোৰ লোকনৃত্য, লোকগীতসমুহৰ উপৰি হামবি কাপাথু, কেং দংদাং কেদাম, বাথালি কে-আপ আদি পৰম্পৰাগত খেল-ধেমালিকো অন্তৰ্ভুক্তি কৰে। তাৰ পৰৱৰ্ত্তী বছৰটোৰ পৰা কাৰ্বি আংলঙৰ ভিন ভিন ঠাইত সময়, সুবিধা চাই বছৰি একোবাৰকৈ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। প্ৰত্যেক ফেব্ৰুৱাৰী মাহৰ এই চাৰিটা দিনত কাৰ্বি ডেকা-গাভৰু তথা বুঢ়া-মেথাসকলে মিলি কাৰ্বি ৰিছ’ নিমছ’ আৰ্ং আজে’ আজিও উদযাপন কৰি আহিছে। অৱশ্যে নিজ নিজ অঞ্চলৰ পৰা সাংস্কৃতিক দলৰ প্ৰতিনিধি তথা প্ৰতিযোগী হৈ ভিন্ন নৃত্য-গীতত অংশগ্ৰহণ কৰিব বিচৰা ডেকা- গাভৰুসকলে জানুৱাৰী মাহৰ প্ৰায় শেষ সপ্তাহৰ পৰাই নৃত্য-গীতৰ লগতে ডেকাবিলাকে চেং (ঢোল), প্ংচী (বাঁহী), মুৰি (পেঁপা), ক্ৰ্ংচুই (গগণা) আদি বজোৱাৰ আখৰাত ব্যস্ত হৈ পৰে। এই বিশেষ চাৰিটা দিনত শিল্পী, পৰ্যটক, দৰ্শক, ক্ৰেতা-বিক্ৰেতা আৰু সাংস্কৃতিক কৰ্মীসকলে অতি ব্যস্ততাৰে পাৰ কৰিব লগা হয়। মন কৰিবলগীয়া কথা যে এই আটাইবোৰ কাৰ্যক্ৰমণিকা সাংস্কৃতিক ক্ষেত্ৰৰ স্থায়ী কাৰ্যালয় ‘কাৰ্বি পিপলছ হল’ৰ পৰা নিয়াৰিকৈ পৰিচালনা কৰাৰ ব্যৱস্থা থাকে। এইখিনিতে আৰু উল্লেখ্য যে চাৰি দিনৰ দিনা আবেলি ভাগতে আটাইবোৰ প্ৰতিযোগিতামুলক নৃত্য-গীতৰ অনুষ্ঠানসমুহৰ অন্ত পৰে।

    "ৰিছ’ নিমছ’ আৰং আজে"কেৱল কাৰ্বি ডেকা-গাভৰুসকলৰে নহয়, কাৰ্বি পাহাৰত বসবাস কৰা সমুহ জাতি- জনগোষ্ঠীৰে হিয়াৰ আমঠু হোৱাৰ লগতে পৰস্পৰৰ মাজত প্ৰেম-ভালপোৱা, ভ্ৰাতৃত্ববোধ আৰু ঐক্যৰ প্ৰতীকস্বৰুপ হওক, তাৰেই কামনা কৰিলোঁ।

(সহায় লৈ)


পৃষ্ঠা ১৪

অনুবাদ কবিতা ঃ

আদিম ভূ-দৃশ্য

(Aboriginal Landscape by Luise Gluck)


অনুবাদ:
প্রাণকৃষ্ণ গোস্বামী


তুমি তোমাৰ দেউতাৰাক গছকি আছাঁ,মোৰ আয়ে ক'লে
আৰু সচাঁকৈয়ে মই সুন্দৰকৈ কাটি থোৱা এখন ঘাঁহৰ দলিচাৰ
ঠিক সোঁ মাজতে থিয় হৈ আছিলোঁ,যিখন হয়তো আছিল মোৰ  দেউতাৰ কবৰস্থান,যদিও তাত তেনে কোনো শিলৰ ফলক নাছিল ৷
তুমি তোমাৰ দেউতাৰাক গছকি আছাঁ,তেওঁ দোহাৰিলে,
এইবাৰ অলপ ডাঙৰকৈ, যিটো মোৰ আচৰিত লাগিল ৷
যিহেতু তেওঁ নিজেই মৃত,আনকি ডাক্তৰেও এই কথা মানি লৈছে
মই অলপ দাঁতিলৈ গ'লো,য'ত মোৰ
দেউতা শেষ হ'ল আৰু আই আৰম্ভ হ'ল ৷
কবৰস্থলীখন নিস্তব্ধ আছিল,গছবোৰৰ মাজেৰে বতাহ বলিছিল
মই শুনিছিলোঁ,কেইশাৰীমান আঁতৰত কাৰোবাৰ কান্দোনৰ ক্ষীণ শব্দ আৰু তাৰ সিপাৰে,এটা কুকুৰৰ ভুকনি ৷
অৱশেষত এই শব্দবোৰ শাম কাটিলে ৷ মোৰ মনত খেলালে 
কোনোবাই মোক ইয়ালৈ লৈ অহাৰ স্মৃতি মোৰ মনত নাই,
যি ঠাই এতিয়া কৱৰস্থান,সম্ভৱত: এখন উদ্যান অথবা উদ্যান নহ'লে
এখন সুগন্ধিত ফুলনি বা কুঞ্জবন, মই এতিয়া অনুভৱ কৰিছোঁ,
গোলাপৰ সুগন্ধিভৰা মলয়াত জীৱনৰ মিঠা সোৱাদ 
প্ৰৱাদত কোৱাৰ দৰে ৷ এসময়ত,
মোৰ মনত ভাব হ'ল মই অকলশৰে আছোঁ ৷

আনবোৰ ক'লৈ গ'ল,
মোৰ সম্বন্ধীয়া ভাই আৰু ভনী কেইটলীন আৰু এৱিগাল?
ইতিমধ্যে পোহৰ শেষ হৈছে ৷ আমাক ঘৰলৈ নিবলৈ ৰৈ থকা গাড়ীখন ক'ত আছিল?

তেতিয়াই মই আন এক কোনো বিকল্প বিচাৰিব ধৰিলোঁ ৷
মোৰ ভিতৰত এক ব্যগ্ৰতা অনুভৱ কৰিলোঁ,যিটোক মই ক'ম উৎকণ্ঠা ৷
অৱশেষত, ভালেদূৰত এখন সৰু ৰে'লগাড়ী যেন দেখিলোঁ,
এনে লাগিল গছ-লতাৰ আঁৰত ৰৈ আছে,পৰিচালকজনে
দুৱাৰমুখত অহা-যোৱা কৰি আছে-এটা চিগাৰেট হুপি ৷
মোক নাপাহৰিবা,মই চিঞৰিলোঁ - এতিয়া দৌৰি দৌৰি
বহুভাগ মাটি পাৰ হৈ বহুতো মা-দেউতাৰ ওপৰেদি
শেষত যেতিয়া তেওঁৰ ওচৰ পালোগৈ,মই চিঞৰিলোঁ,মোক নাপাহৰিবা ৷
মহোদয়া,ৰে'ল পটী কেইদাললৈ আঙুলিয়াই তেওঁ ক'লে,
তুমি নিশ্চয় বুজিছা যে এয়ে শেষ,ৰে'লপথটো আৰু  আগলৈ নাযায় ৷
তেওঁৰ কথাকিটা ৰুক্ষ আছিল অথচ তেওঁৰ চকুত দয়াৰ ভাব,
সেয়াই মোক সাহস দিলে মোৰ কথাবোৰ জোৰ দি ক'বলৈ ৷
কিন্তু তেওঁলোকতো ঘূৰি যায়,মই ক'লো আৰু মন্তব্য দিলোঁ ৷
তেওঁলোকৰ  সামৰ্থ্যৰ বিষয়ে,যেন তেওঁলোকৰ সন্মুখত এনে বহু ওভতনি আছে ৷

তুমি জানা, আমাৰ কাম বহু কঠিন,আমি মুখামুখি হওঁ
বহু দুখ আৰু হতাশাৰ ৷
তেওঁ মোক স্থিৰ দৃষ্টিৰে বহু পৰ চাই থাকিল ৷
মই এসময়ত তোমাৰ দৰেই আছিলোঁ,প্ৰেমৰ চাকনৈয়াত ৷
মই পুৰণি বন্ধুৰ দৰে তেওঁক ক'লোঁ ৷
তোমাৰ কি হ'ল,মই সুধিলোঁ, যিহেতু তেওঁ যোৱাৰ বাবে মুক্ত,
তোমাৰ ঘৰলৈ যোৱাৰ ইচ্ছা নাইনে,
নগৰখন পুনৰ চাবলৈ?

এইখনেই মোৰ ঘৰ,তেওঁ ক'লে ৷
নগৰ-নগৰখন তাতেই-য'ত মই হেৰাই যাওঁ ৷
 

(যোৱা বছৰ(২০২০) চনত সাহিত্যৰ নোবেল বিজয়ী আমেৰিকাৰ কবি সাহিত্যিক সুই গ্লুক(Luice Gluck) ৰ জন্ম ১৯৪৩ চনত ৷ তেওঁৰ কবিতাসমূহ একাকীত্ব,পাৰিবাৰিক সম্পৰ্ক মৃত্যু আদি বিষয়ৰ আৰু গাঢ় সংবেদনশীলতাৰে ভৰপূৰ ৷ ইয়াৰ পূৰ্বে তেওঁ আমেৰিকাৰ বহুতো নামজ্বলা সাহিত্য আৰু অন্যান্য অনুষ্ঠানৰ দ্বাৰা সন্মানিত হৈছে ৷)

মূল কবিতাটোঃ

ABORIGINAL
(By Louise Gluck)

You're Stepping on your father, my mother said
and indeed I was standing exactly in the center
of a bed of grass,mown so neatly it could have been 
my father's grave,although there was no stone saying so

You're stepping on your father, she repeated
louder this time,which began to be strange to me,
Since she was dead herself, even the doctor had admitted it
I moved slightly to the side,to where
My father ended and my mother began.
The cemetery was silent.wind blew through the trees,
I could hear, very faintly sounds of weeping several rows away.
and beyond that,  a dog wailing.

At length these sounds abated ,it crossed my mind
I had no memory being driven here
to what now seemed a cemetery,though it could have been
a perfumed, garden or bower, I know realized, with the scent of roses.
Doucewr de vivre filling the air,the sweentness of living,
as the saying goes,At some point 
It occurred to me I was alone.

Where had the others gone
my cousins and sister-caitlin and Abigail?
By now the light was fading .where was the car.
Waiting to take us home?
I then began seeking for some alternative,I felt
an impatience growing in me,apperoching, I would say anxiety.

Finally,in distance,I made out a small train.
Stoppes it seemed,behind some foliage, the conductor
lingering against a doorframe, smoking a cigartte.
Do not forget me,I cried, when at last I reached him.
Madam, he said painting to the tracks,
Surely you realize this is the end,the tracks do not ho further
His words were harsh,and yet his eyes were kind.
thia encouraged me to press my case harder
But they go back, I said, and I remarked.
Their stardiness, as though they had many such returns
ahead of them
you know, he said ,our work is difficcult :we confront
much sorrow and dissappoinment.
He gazed at me with increasing frankess.
I was like you once,he added,with love in turbulence
Now,I spoke as to an old friend.
What of you,I said, since he was free to leave.
have you no wish to go home
to see the city again?
This is my home, he said.
The city the xity is where I disappear.


পৃষ্ঠা ১৫
কবিতাঃ

জোন-বেলিৰ আদৰ্শৰে

ৰাখিছা ধৰি উজ্জ্বলতা ছটিয়াই
গ্ৰহ উপগ্ৰহ বুকুত সাবটি
তোমাৰ পোহৰতে জোনবাই দগমগায়।
গুৰু তুমি, দাতা তুমি, নিৰ্মল প্ৰেমৰ প্ৰকাশ
জনমানসতো আছা চটিয়াই।
জোনবায়ে তোমাৰে কোমলতা লৈ
আমাক যে দিয়ে  বিলায়।
তোমাৰ আদৰ্শতে মহীয়ান
জগতৰ অনেক মনুষ্য মহান।
মহাদেৱৰ আশিষতে সুবাসিত পৰশুৰাম।
গুৰুৰ আশিষতে অৰ্জুন
শ্ৰেষ্ঠ ধনুৰ্বাণ।
শঙ্কৰদেৱৰ সান্নিধ্য যদি নেপালে হেতেন
মাধৱদেৱৰ নামঘোষা জানো আমি পালোঁ হেতেন?
কীৰ্ত্তন যদি সূৰ্য্যৰ উজ্জ্বলতা
নামঘোষা জোনৰ কোমলতা।
ৰামকৃষ্ণপৰমহংস যদি নাথাকিল হেঁতেন
বিবেকানন্দক জানো পালোঁ হেঁতেন।
সুন্দৰ কোমল সুবাস ঢালি
গুৰুৱেহে জীৱন পোহৰায়।
যদিও জ্ঞানবান
নিবিলালে
সেই জ্ঞানৰ কি কাম।
সেয়ে আহা কাষ চাপি
প্ৰেমৰ বান্ধোনেৰে বান্ধি
জগত পোহৰোৱা‌
হেৰুৱাবা সকলো জ্যোতি
তৰাৰ দৰে যদি যোৱা  আতৰি।

দীপক বৰা
নতুন দিল্লী ।


পৃষ্ঠা ১৬

শিক্ষা


চাৰিওফালে হাহাকাৰ
নিস্তব্দ নিতাল
প্রাণ কাঢ়িলে কতজনৰ
নিদ্রা হৰিলে জগতৰ
ভয় কঁপিলে প্রাণ

হ'য় জানো ই প্রলয়ংকাৰী ?
মানৱ জাতি গৃহবন্দী হ'ল
কিন্তু প্রকৃতি দেখোন মুকলি হ'ল !
মানৱৰ কৱলৰ পৰা ৷

সময়ে দিলে সকলোকে উচিত শিক্ষা ৷

এতিয়া হ'য়তো মানৱ জাতি
অচিৰেই মুকলি হ'ব..

মেঘালী বৰ্মন (তামুলী)
শিলচৰ


পৃষ্ঠা ১৭

অনুভৱৰ বুৰবুৰণি

কলমৰ নিবটো বিশ্বাস কৰিবই নোৱাৰি 

বৰ্ণবোৰ জোঁটাই-জোঁটাই অনুপম শব্দৰ সৃষ্টি কৰে ৷

শব্দৰ অণুৰণন হৃদয়ৰ তাঁৰবোৰ তৰংগিত হয়

মৰুভূমিৰ বালিৰ দৰে হিচাপ কৰিব নোৱাৰাকৈ

শৰতৰ হিমকণাহৈ চকুলো টুকে

টকলা পাহাৰৰ নতুনকৈ গজা দূবৰিৰ নিয়ৰে 

সূৰ্য্যৰ ৰশ্মিত জিলিকা সৌন্দৰ্য ক্ষণিকৰ বুলি ৷

জোনাকৰ জুৰলৈ দুটি নয়নৰ মিলনত ;

তুমি এখন সাঁকো সাজি দিছিলা তোমাৰ পৰা মোলৈ

 অনুভৱৰ কঠীয়া তাতেই গজি উঠিছিল নজনাকৈ

নদীৰ কাষৰ ঝাওবন বিৰিণা খাগৰিবোৰ সাক্ষী 

নিবিড়ভাবে বৈ গৈছিল দুটি হৃদয়ৰ প্ৰেমৰ সোঁত ৷

উৎসাহভৰা উশাহত মই উৰিবলৈ লৈছিলোঁ 

তোমাৰ হৃদয়ৰ পৰা থোৰ মেলা অনুৰাগৰ অনুৰাগী হৈ ৷


অমিলতা তায়ে

চিলাপথাৰ


পৃষ্ঠা ১৮

কালৰাত্ৰি

গভীৰ নিশা
নিজম নিস্তব্ধ
কাল আন্ধাৰে
আৱৰি ৰখা
এই মায়াময় পৃথিৱী ,
দূৰৈৰ গাঁওখনত শুনো
কুকুৰৰ ভুকভুকনি
গভীৰ আন্ধাৰৰ মাজত 
জোনাকী পৰুৱাবোৰৰ জিকমিকনি ৷

কুহেলিকাময় এই নিশাত
মই গৈ আছোঁ অকলশৰে
একাবেঁকা পথেৰে ,
মাজে মাজে নিশাৰ
নিস্তব্ধতাত ভাহি  অহা
বতাহৰ সো-সোৱনি
কি যে বিকট ভয়ানক
জঁয়াল নিশা !
বাটৰ কাষৰ হাবিবোৰো
এক বিশাল অসুৰৰ
ৰূপ সদৃশ ৷
নিশাৰ আন্ধাৰ ফালি
আকাশলৈ ভূমুকি মাৰি
চাই ৰ'লো
যেন এখন দলিচা
তৰাফুলৰ দলিচা
মাজতে জোনবাইজনীৰো
মিচিকিয়া  হাঁহি ৷
কলাডাৱৰৰ আঁৰে আঁৰে
লুকাভাকু খেলি
আমেজ লৈছে
কাল আন্ধাৰৰ ,
ৰুদ্ৰৰূপৰ ৷

বীণাপানি ৰেগন
নতুন দিল্লী


পৃষ্ঠা ১৯

প্ৰতিশ্ৰুতি

তুমি দিয়া ৰঙা গোলাপপাহ
কিতাপখনৰ ভিতৰতে মৰহি গৈছে,
তোমাৰ মিছা প্ৰতিশ্ৰুতিবোৰৰ নিচিনা
গোলাপৰ পাহিবোৰেও বাস্তুৱক মানি লৈছে।
মৰুভূমিত মৰিচিকা বিচাৰি ফুৰোতে
জীবনৰ সাতোৰঙৰ সপোনবোৰেৰং সলনি কৰিলে,
মাটিত পৰি থকা আইনাৰ টুকুৰাবোৰে তাৰে সম্বৰণ কৰিছে৷

নিয়তিৰ এয়াই পৰিহাস,
তোমাৰ কল্পনাৰ আকাশত,মই ইতিহাস ।

অজন্তা চৌধুৰী


পৃষ্ঠা ২০

ফাগুন:এক অনন্য অনুভৱ

ফাগুন তুমি আহিছা
কাৰোবাৰ উতনুৱা হিয়াত
উতনুৱা ৰং ঢালি
ৰঙা পলাশ ফুলাবলৈ
তুমি আকৌ আহিলা...।

হালধীয়া পাতৰ মাজে মাজে
পছোৱাৰ বা লগাই
গাভৰুৰ আঁচল উৰুৱাই
নিয়াৰ পিছতো যে
তুমি প্ৰিয়...।

উকা-উৰুঙাৰ মাজতো 
আকাশত মদাৰ-শিমলুৰ
ৰং ৰঙা জুই তুমি জলাবাই
উতনুৱা ফাগুন তুমি
ৰঙেৰে একাকাৰ হৈ আহিবাই।

উপাসনা শিৱম
দৰং


পৃষ্ঠা ২১

প্ৰেম

হিয়াখন উন্মাদ হলে....বিনিদ্ৰ ৰজনী কটাই
 বুকুৰ অৰণ্যত ডুব যোৱা
প্ৰেম মোৰ  বাবে...
দৃষ্টি,সৃষ্টি সকলোতে 
সংলগ্ন হোৱা
এবোজা মৰমৰ মেটমৰা সোণাৰুৰ 
হালধীয়া হাঁহিৰ দৰে বিয়পোৱা সুখ....।
আৰু ক্ষন্তেকৰ বাবে হলে
চলমান গতিশীলতা স্তব্ধ কৰি দিয়া
চিৰশ্বাস্বত অনুভূতি।।।।
যেতিয়াই অনুভৱে টুকুৰীয়াই হিয়াৰ দুৱাৰ ।
আপোনপাহৰা হৈ উঠা
পৃথিৱীখনত মোৰ বাবে প্ৰেম হৈ পৰে
একুহা মিঠা মৌ কোঁহ...।
সজীৱ,সতেজ নব পল্লবৰ যেন
সপ্তৰঙীন ৰঙৰ সমাহাৰ হৈ মধু গুঞ্জন
তোলে পলে পলে।
এনেকৈয়ে সংগোপনে
বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ 
ধাৰাল মিঠা তীব্ৰতা।।

স্মৃতিৰেখা গোস্বামী
মাকুম টেঙাপানী ৰোড
তিনিচুকীয়া।


পৃষ্ঠা ২২

ব্ৰহ্মপুত্ৰৰ কিছু অনুভৱ

প্ৰতি,
মাজুলীক সাৱটি ৰখা বি‌শাল ব্ৰহ্মপুত্ৰ 
তোমাৰ ইপাৰেও অজস্ৰ হৃদয়
সিপাৰেও অজস্ৰ হৃদয়
মাজতযে কঢ়িয়াই ফুৰা অ‌শ্ৰুকণাবোৰ
সেইয়া সুখৰ নে দুখৰ ?

সংগীতা বৰঠাকুৰ


পৃষ্ঠা ২৩

মা

মা ম‌ই ভাগৰি পৰিছো সপোনবোৰৰ পিছত দৌৰি,
মোক অলপ জিৰাবলৈ দে তোৰ আচলৰ ছাঁত;
বুলাই দে না আঙুলি মোৰ চুলি ৰ মাজত ,
আকৌ শুনাচোন তাহানিতে কোৱা পৰীৰ দেশৰ সাধু;
মা ম‌ই দেখিছো তোৰ মুখত ম‌ই বিচৰা পৃথিৱী খন, 
তোৰ চকুত দেখিছো মই হাবাথুৰি খাই বিচৰা বৰষুণজাক,
ভাগৰি পৰিছো মা মই ।
বিচাৰি পোৱা নাই এই যান্ত্ৰিক পৃথিৱীত সুখ;
মা মই এৰি আহিছো এই যান্ত্ৰিকতাৰে ভৰা পৃথিৱী।
আকৌ শুনা মা ল'ৰালিতে শুনোৱা ৰজা -ৰাণী ৰ কাহিনী,
মোক জিৰাবলৈ দে তোৰ বুকুৰ মাজত।
মই ভাগৰি পৰিছো অ' মা।

চোহানী নাথ


পৃষ্ঠা ২৪

ফাগুন

ফাগুন মানে এক হেপাঁহ ,
  ফাগুন মানেই কবিতা ,ফাগুন মানেই গান 
ফাগুন মানে তুমি ,তুমি মানেই ফাগুন . . 
 ফাগুন মানেই পচোৱা বতাহৰ অন্য এক অৱদান 
ফাগুন মানেই বুকুৰ দুখবোধ চকুলো সামৰি উৰুলিকৃত হৈ  
  অহা এক বতাহঁ . . . . 
কুৱলী একাষৰীয়া কৰি হিল 
   দ'ল ভাঙি অহা এক বতাহ . . . . ফাগুন 
ফাগুন মানেই ধুলিময় বতাহৰ 
  অন্য এক মাদকতা . . .

দৰ্শনা কলিতা
গোলাঘাট


পৃষ্ঠা ২৫

কথাবোৰ আওপুৰণি হ'ল

নিৰ্জনতাৰ ফাঁকেদি কেতিয়াবা জুমি চাওঁ 
অতীতৰ ৰূপকথা আৰু বৰ্তমানৰ ৰেহৰূপ 

তাহানিৰ সোণহালধীয়া নিভাঁজ কথাবোৰত 
জীৱন গঢ়াৰ মালিতা 

কথাবোৰ আছিল ৰংবিহীন

আউল নলগা দিন-ৰাতিৰ শিতানত আশ্বাসৰ হাত
ৰহণ নথকা কথাবোৰ সীমাহীন জ্ঞানৰ জ্যোতি 
মমতাৰে ভৰা মৌ মাতত অমৃতৰ অৱগাহন

সহজ-সৰলতাৰ উদাৰ পৰশত
ফুলিছিল সম্বন্ধৰ মাধৈ মালতী 

নজহা-নপমা হ'লেও 
কথাবোৰ আওপুৰণি হ'ল

বোপাককা দিনৰ কথাবোৰ কথা হৈ নাথাকিল 
নীতিশিক্ষাৰ পাঠ পাহৰণিৰ গৰ্ভত 
হেলেঙিবোৱা ওঁঠৰ  উমাল নিশাহ নিমাত-নিটাল

দুভৰি প্ৰগতিৰ দিগন্তত
সমাজ শুৱনি কথাবোৰে ল'লে নতুন ৰূপ
মূল্যবোধৰ শূন্যতাত ফুলিল
কাঠচিতীয়া কেকটাছ ।।

মীৰা দত্ত


পৃষ্ঠা ২৬

জীৱনৰ ৰং

বিয়লিৰ শেঁতা পৰা বহন
হাতত হাত ধৰি
সুখ - দুখ জীৱন সংগী।
ফাগুনৰ পছোৱা
লঠঙা জীৱনৰ অভিলাষা, 
বসন্তৰ সেউজীয়া।
হয় জানোঁ অপৰাধ?
শৰীৰ বাৰ্দ্ধক্যৰ শাৰীত
মন নিজৰ নিয়ন্ত্ৰণত।
মনৰ চিলা উৰুৱাই দিয়া
বিহংগৰ দৰে উৰক উন্মুক্ত গগনত।

চিৰ সেউজ, যুৱকানন্দ মন - - -
পূৰ্ণতা প্ৰাপ্ত  অভিনৱ অনিৰুদ্ধ যাত্ৰা
মহাজীৱনৰ...

হিৰণ ভূঞা
মুম্বাই


পৃষ্ঠা ২৭

ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ১১

ডেলহাউচী

শর্মীষ্ঠা বর্মন
নতুন দিল্লী

আমি  'চামুণ্ডা'ৰ পৰা 'কাংগ্রা'ৰ ধৰমশালাখনলৈ আহি পাওঁতে সন্ধিয়া পাৰ হৈ গৈছিল ৷ আহি পোৱাৰ লগে লগেই আমাৰ প্রথম কাম আছিল 'ৰুম' সলনি কৰা ৷ ধৰমশালাখনৰ কর্ত্তৃপক্ষই আমাৰ বাবে সুকীয়াকৈ ৰাখি থোৱা ভাল চাৰিটা 'ৰুম'ত প্রৱেশ কৰাৰ লগে লগে সকলোৱে গা-পা ধুই আজৰি হ'লোঁ ৷ তাৰ পাছত খোৱা-বোৱা কৰোঁতে কৰোঁতে ৰাতি বহু পৰ হ'লেই ৷ আমাৰ পিছদিনাৰ পৰিকল্পনা হোৱাই নাই ৷ গতিকে ল'ৰা-ছোৱালীকেইটাক শুবলৈ দি আমি ডাঙৰখিনিয়ে বহি পৰৱর্ত্তী পৰিকল্পনা কৰিবলৈ ধৰিলোঁ ৷ কোনোবাই ক'লে 'ধর্মশালা'লৈ গৈ দিল্লী উভতি যাওঁ,কোনোবাই ক'লে পোনে পোনে দিল্লীলৈকে যাওঁ ৷ মই লাহেকৈ 'ডেলহাউচী'ৰ কথা ক'লোঁ ৷ সকলোৱে প্রায় অসম্ভৱ কথা বুলিয়েই মত প্রকাশ কৰিলে ৷ তাৰ মুখ্য কাৰণ 'হোটেল বুকিং' কৰা নাই ,ৰাতিটোৰ ভিতৰতে ভাল হোটেল কত পাব ? অজান মুলুকৰ কথা ৷ মই ক'লো লগত খোৱা বস্তু আছে ; নিজৰ গাড়ী আছে ৷পুৱাই ওলাই যাম,হোটেল নাপালে উভতি আহিম ৷ মোৰ কথাত সকলোৱে 'ৰিস্ক' 'বলৈ মান্তি হ'ল ৷

      পুৱা চাহ-জলপান কৰিয়েই গাড়ীত তেল ভৰাই 'ডেলহাউচী' অভিমুখে যাত্রা আৰম্ভ কৰিলোঁ ৷ এবাৰ ফোন কৰি বান্ধৱীগৰাকীৰ খবৰ ল'লোঁ ৷ তাইৰ মাতটো শুনি ভাল লাগিল ৷ হস্পিটেলতে আছে ,ভাল নহয় যদিও বেয়াও নহয় বুলি জানিব পাৰিলোঁ ৷

       প্রথমৰ বাটচোৱা বৰ ওখ নাছিল , প্রায় সমতলৰ দৰেই আছিল ৷ কিছুদূৰ আগুৱাই যোৱাৰ পাছত লাহে লাহে পাহাৰ বগাবলৈ ধৰিলোঁ ৷ ক্রমান্বয়ে ওপৰলৈ উঠি গৈ থাকিলোঁ ৷ চাৰিওফালে বৰ অপৰূপ প্রাকৃতিক সৌন্দর্য্য দেখিবলৈ পালোঁ ৷ বতৰ বৰ মনোৰম আছিল ; গৰমো নহয়,ঠাণ্ডাও নহয় ৷ বহু দূৰ বাট পাৰ কৰিলোঁ,কিন্তু গন্তব্যস্থল পোৱাগৈ নাই ৷ প্রায় চাৰে ছয় ঘণ্টামান পাছত ভাৰতীয় সেনাবাহিনীৰ এলেকা পালোঁ ৷ বুজিবলৈ বাকী নাথাকিল, 'ডেলহাউচী' আহি পালোঁ বুলি ৷ তথাপিও বাটত লগ পোৱা চিপাহী এজনক সুধি লৈ নিশ্চিত হ'লোঁ ৷ সেনাবাহিনীৰ এলেকা পাৰ হৈ অহাৰ পাছত আঁতৰে আঁতৰে থকা দুখন হোটেল দেখা পালোঁ যদিও গাড়ীখনৰ গতি হঠাৎ ৰখাব পৰা নগৈছিল ৷ বতৰো বেয়া হ'ব ধৰিছিল , দুই-এটোপ বৰষুণ পৰিবলৈ ধৰিছিল ৷ এইবাৰ বাটৰ একেবাৰে কাষতে আন এখন হোটেল দেখা পালোঁ ৷ গাড়ীখন ৰখাই হোটেলখনত সোমাই 'ৰুম'ৰ কথা সুধিলত দূটা 'ডবল ৰুম' খালী থকা বুলি ক'লে ৷ আমাক আৰু কি লাগে ? লগে লগে দুয়োটা ৰুম বুক কৰা হ'ল ৷ ভাইটীহঁত তেতিয়ালৈকে আহি পোৱাই নাই ৷ আমি নিজৰ 'ৰুম'ত সোমাই সিহঁত আহি নোপোৱালৈকে জিৰাই লওঁ বুলি ভাবিলোঁ ৷ তেনেতে এটোপ-দুটোপ বৰষুণে মোট সলাই দবা-পিটা বৰষুণৰ ৰূপ ল'লে ৷ হোটেলৰ মেনেজাৰজনে ক'লে যে এইটো সময়ত ইয়াৰ বতৰ এনেকুৱাই হয় ; কেতিয়া বৰষুণ আহে তাৰ কোনো ঠিকনা নাই ৷ দবা-পিটা বৰষুণৰ বাবে ভাইটীৰ গাড়ী চলোৱাত অসুবিধা হ'; আৰু ক'ব নোৱাৰাকৈয়ে আমি থকা হোটেলখনৰ আগেৰে পাৰ হৈ গুছি গ'ল ৷ কেবাখনো হোটেল একেলগে থকা ঠাইত সি এখন হোটেলত সোমাই 'ৰুম' বুক কৰি ল'লে ৷ অচিনাকি ঠাইত এই দবা-পিটা বৰষুণত আমি থকা হোটেল বিচাৰি কণ কণ ল'ৰা-ছোৱালী আৰু বয়সীয়াল মা-দেউতাক কষ্ট দিয়াৰ কোনো যুক্তি নাছিল ৷

        আমাৰ 'ৰুম'ৰ পৰা বাহিৰৰ দৃশ্য কি যে মনোৰম লাগিছিল ; বিভিন্ন প্রজাতিৰ ওখ ওখ গছ,ওখ ওখ পাহাৰ,তাতে বৰষুণ পৰি থকা দৃশ্য,'গাখীৰতে ম'হৰ খুঁটি' যেন লাগিল ৷ মা-দেউতা আৰু ভাইটীহঁত আমাৰ হোটেলখনতে থকাহেঁতেন আৰু ভাল লাগিলহেঁতেন ! প্রায় আধাঘণ্টামানৰ পাছত বৰষুণ পৰা বন্ধ হ'ল ৷ বতৰ ফৰকাল হোৱা দেখি অকণো সময় নষ্ট নকৰি 'ডেলহাউচী'খন চাই চাই ভাইটীহঁতৰ হোটেলখন বিচাৰিবলৈ ওলালোঁ ৷

         হোটেলৰ বাহিৰত ওলোৱাৰ লগে লগে অলপ অলপ ঠাণ্ডা লাগিল বাবে ল'ৰা-ছোৱালীহালক গৰম কাপোৰ পিন্ধাই নিজেও পিন্ধিলোঁ ৷ মানুহজনে গৰম কাপোৰ নিপিন্ধিলে ৷ মোৰ কাণ্ড দেখি ওলোটাই ক'লে," ইমান গৰম ঠাইৰ পৰা আহিছা অলপ ঠাণ্ডা বতাহ খাই নোলোৱা কিয় ? " মই কোনো উত্তৰ নিদিলোঁ ৷ মনে মনে ভাবিলোঁ,ঠাণ্ডা বতাহ খাই ল'ৰা-ছোৱালীহালৰ গা অসুখ হ'লেও মোৰেই দোষ হ'ব আৰু ফুৰিবলৈ অহাৰ আনন্দত ব্যাঘাত জন্মিব ৷

       আমি খোজকাঢ়িয়ে ভাইটীহঁতৰ কাষলৈ আৰু 'ডেলহাউচী' চাবলৈ ওলালোঁ ৷ 'ডেলহাউচী' হিমাচল প্রদেশৰ 'চম্বা' জিলাত অৱস্থিত এক বিখ্যাত 'হিল ষ্টেচন' ৷ ধৌলাদৰ পর্ব্বত শৃংখলাৰ পশ্চিম সীমান্তত  অৱস্থিত এই ঠাইখনৰ সীমা প্রায় ২০০০ মিটাৰ বিস্তৃত ৷ ১৮৫০ চনত ব্রিটিছ গভর্ণৰ জেনেৰেল লর্ড ডেলহাউচীয়ে এই হিল ষ্টেচনৰ স্থাপন কৰিছিল আৰু তেওঁৰ নামতে ইয়াৰ নামাকৰণ কৰা হৈছিল ৷

        ইমান ধুনীয়া বতৰত পাহাৰীয়া বাটেৰে খোজকাঢ়ি ফুৰাৰ বিশেষ মাদকতা আছে ৷ আমি বৰ উপভোগ কৰিছিলোঁ ৷ এইদৰে খোজ কাঢ়িয়ে ভাইটীহঁতৰ হোটেলখনলৈ গৈ আছিলোঁ ৷ ভূটীয়া বজাৰ আৰু তাৰ নিচেই কাষত থকা উদ্যান আদি চাই চাই ওপৰলৈ উঠি গৈ থাকিলোঁ ৷ পাহাৰ বগাই থাকোঁতে থাকোঁতে ভাগৰ লাগিল যদিও ভালো লাগিল ৷ আমি গাড়ী যোৱা বাটেৰে নগৈ খোজকাঢ়ি যোৱা বাটেৰে গৈছিলোঁ ৷ বন্ধ হৈ পৰি থকা এটা ডাঙৰ পুৰণি কাঠৰ ঘৰৰ ওচৰ পাওঁতে কিনকিনীয়াকৈ বৰষুণ পৰিবলৈ ধৰিলে ৷ মোৰ হাতত এটাহে ছাতি আছিল ৷ ল'ৰা-ছোৱালী হালক টানি-টুনি ছাতিটোৰ তলত লৈ লাহে লাহে আগবাঢ়ি থাকিলোঁ ৷ লাহে লাহে বৰষুণজাক ডাঙৰ হ'বলৈ ধৰিলে ৷ এইবাৰ আমি পাহাৰৰ দাঁতিত থকা সৰু দোকান এখনত আশ্রয় ল'বলগীয়া হ'ল ৷ বৰষুণ পৰা বন্ধ হোৱালৈ ৰৈ থকা সময়খিনিত দোকানীজনৰ সৈতে 'ডেলহাউচী'ৰ বিষয়ে কথা পাতি বহু কথা জানিব পাৰিলোঁ ৷ কিছুপৰ পাছত বৰষুণ পৰা বন্ধ হ'ল ৷ আমি অকণো সময় নষ্ট নকৰি আগবাঢ়ি গ'লোঁ ৷ ছয় বা সাত মিনিটমান পাৰ হৈছিলহে মাত্র পুনৰ আন এজাক দবা-পিটা বৰষুণ,ধুমুহা এছাটিক লগত লৈ আহি হাজিৰ হ'ল ৷ সৌভাগ্যক্রমে সেই ঠাইডোখৰত বাটৰুৱা বহিবলৈ সজোৱা টিঙৰ ছাল লগোৱা ঠাই এডোখৰ দেখা পালোঁ ৷ আটাইকেইটা লৰ মাৰি তাত সোমালোঁগৈ ৷ ছাতিটোৰে বতাহত ছিটিকি অহা বৰষুণৰ পানী প্রতিৰোধ কৰিবলৈ যথাসাধ্য চেষ্টা কৰি থাকিলোঁ ৷ ক্ষন্তেক পাছত বৰষুণ পৰা বন্ধ হ'ল ৷ কিন্তু বিশ্বাস নাই আকৌ কেতিয়া বৰষি পৰে ৷ গতিকে আমি অকণো সময় অপচয় নকৰি ভাইটীহঁতৰ হোটেলখন বিচাৰি গলোঁ ৷ সাত কি আঠ মিনিট খোজ কাঢ়ি যোৱাৰ পাছত সিহঁতৰ হোটেলখন পালোঁ ৷ তাত সোমায়ে প্রথমতে গৰম গৰম চাহ আনি খালোঁ ৷ ভাইটীহঁতৰ 'ৰুম''বেলকনি'ৰ পৰাও পাহাৰৰ সুন্দৰ দৃশ্য দেখিবলৈ পালোঁ ৷ বতৰ ভাল হোৱা আৰু বৰষুণ নপৰা দেখি আটাইকেইজন ওলালোঁ 'ডেলহাউচী' চাবলৈ ৷ বৰ ঠাণ্ডা লাগিছিল বাবে সকলোৱে গৰম কাপোৰ পিন্ধি লৈছিল ৷ মোক ইতিকিং কৰাজনেও গৰম কাপোৰ পিন্ধিব লগা হ'ল ৷ বাহিৰত ওলায়ে যি অপূর্ব দৃশ্য দেখিলোঁ , আমি সকলোবোৰ তাতে মোহিত হৈ পৰিলোঁ ৷ বেলি মাৰ গৈ আছে ; দীঘলীয়া বৰফেৰে ঢকা পাহাৰৰ শৃঙ্গবোৰত মাৰ যোৱা বেলিৰ পোহৰ পৰি কি যে অপৰূপ চিত্র অঙ্কন কৰিছে ! সেই অপৰূপ দৃশ্য কেমেৰাত আটক কৰিবলৈ চেষ্টা কৰিলোঁ যদিও স্বচক্ষে চোৱাৰ আনন্দই ভিন্ন ৷

       গান্ধী চ'কৰ বজাৰৰ পৰা অনতিদূৰত নেতাজী সুভাষ চন্দ্র বসুৰ প্রতিমূর্তি সজাই থোৱা দেখা পালোঁ ৷ সেয়া নেতাজী চ'ক ৷ ১৯৩৭ চনত নেতাজী সুভাষ চন্দ্র বসু কেবামাহ জুৰি 'ডেলহাউচি'ত থকা বুলি জনা যায় ৷

      এইবাৰ লাহে লাহে আমি 'গান্ধী চ''লৈ আগবাঢ়ি গ'লো ৷ তাত এখন বজাৰ আছে ৷ আমি আটায়ে বজাৰত ফুৰিলোঁ,তাত বিক্রি কৰি থকা টুক-টাক খাদ্য-বস্তু কিনি খালোঁ ৷ বজাৰত আমাৰ বহু পলম হ'ল ৷ অৱশ্যে পাহাৰত সোনকালেই বেছি ৰাতি হোৱা যেন লাগে ৷ তেনেতে পুনৰ এটোপ-দুটোপকৈ বৰষুণ পৰিবলৈ ধৰিলে আৰু লাহে লাহে ই দবা-পিটা বৰষুণৰ ৰূপ ল'লে আহিল ৷ কেনেকৈ হোটেললৈ যাওঁ চিন্তা লাগিল ৷ 'টেক্সি' পালো ৷ একো একোখনকৈ টেক্সি লৈ নিজৰ নিজৰ হোটেললৈ গুছি আহিলোঁ ৷

(ক্রমশঃ)


পৃষ্ঠা ২৮

গল্প ঃ

মুক্তি

শিখামণি গগৈ, দুলীয়াজান।

--মা,সহস্ৰাব্দীক ৰখোৱা মা।তাই গুচি যাবগৈ নহ'লে ।

কোঠাৰ পৰা উধাতু খাই আহি তেওঁৰ কাষত ৰৈ, প্ৰতীকে কোৱা কথাষাৰ শুনি বনলতা চৌধুৰীৰ হাতৰ শলা দুডাল ৰৈ গ'ল।সৰ্বশৰীৰ ভয়ত কঁপি উঠা ওপৰিও কাণ-মূৰ উষ্ণ হৈ উঠিল।আজি দুমাহে তাৰ বিয়াখন হৈ যোৱাৰ পিছৰ দিনকেইটা সুকলমে পাৰ হৈ যোৱাৰ  গৌৰৱ আৰু আনন্দত, শান্ত হৈ পৰা  তেওঁৰ বুকুখনত যেন  ধাম ধামকৈ কোনোবাই নামঘৰৰ ডবা কোবোৱাদি কোবাইছে।বিয়াৰ আগৰ দিনবোৰত তেওঁ যিহলৈকে ভয় কৰি আছিল ,আজি যেন সেই ভয়ে তেওঁক চেপি-খুন্দি মাৰিছে। 


--সহস্ৰাব্দী গুচি যাব মানে?ক'লৈ যাব ওলাইছে তাই ,প্ৰতীক?ভয়ে ভয়ে প্ৰতীকৰ চকুলৈ নোচোৱাকৈ আশ্চৰ্যচকিত সুৰ মিহলোৱা মাতেৰে সুধিলে তেওঁ।


--ঘৰলৈ।চোৱানা মা,এইকেইদিনত তাইক মই ইমান মৰম কৰিছোঁ,ইম্মান কাম কৰি দিছোঁ---তাইৰ আলনাৰ কাপোৰ জাপি দিছোঁ,আলমাৰিৰ কাপোৰবোৰো চিজিল লগাই জাপি দিছোঁ,তাইৰ গা-ধোৱা কাপোৰো ৰ'দত শুকুৱাই চপাই আনি জাপি আলনাৰ ভাজত থৈ দিছোঁ,চাদৰৰ আঁচল তাই জাপিবই নাজানে,মই সেয়াও জাপি-কুচি ধুনীয়াকৈ পিন্ধাই দিছোঁ,মেখেলাৰ কোঁচো ধৰি দিছোঁ।

আনকি!আনকি তাইৰ নেইলপলিচ লগাওঁতে য'তে ত'তে লগাই বাবে,মই ৰিম'ভাৰে তাইৰ নখবোৰ চাফা কৰি নেইলপলিচো লগাই দিছোঁ---তথাপিও তাই কৈছে--তাই হেনো মোৰ পৰা বিচৰাধৰণে একো পোৱা নাই।


অনৰ্গল কৈ গৈছে প্ৰতীকে কথাবোৰ।বনলতা চৌধুৰীৰ কাণত আৰু একো কথাই সোমোৱা নাই।পঁয়ত্ৰিশ বছৰৰ আগৰ বনলতা বৰুৱালৈ ৰূপান্তৰ হৈ উঠিছে তেওঁ।

         ফুলশয্যা নিশা ভাস্কৰ বৰুৱা কোঠাটোলৈ সোমাই আহি তাই বহি থকা বিছনাখনতে বহিছিলহি।বৰুৱা বহাৰ উমান পাই ,নানা সপোনে তাইৰ মনত দোলা দিছিলহি।মূৰৰ ওৰণিখন তেওঁৰ লাৱনি হাতেৰে আলফুলকৈ গুচাই, এপদ এপদকৈ খুলি দিছিল তাই পিন্ধি থকা গহনাবোৰ।প্ৰতিবাৰ তেওঁৰ হাতৰ স্পৰ্শত প্ৰাণ পাই উঠিছিল তাইৰ হিয়াখন।এটা এটাকৈ পিনবোৰ এৰুৱাই দুওঁঠৰ ফাঁকত ৰাখি,খুলি দিছিল তাইৰ গাৰ গধুৰ পাটৰ সাজযোৰো তেওঁ লাহে লাহে।লাজে-ভয়ে যৌৱনৰ সমস্ত আলিঙ্গন তেওঁৰ পৰা পাবলৈ, মতলীয়া হৈ উঠিছিল তাইৰ মন প্ৰাণ।


আলমাৰীৰ পৰা আনি ,হাতত তুলি দিছিল তেওঁ তাইলৈ, খুব ধুনীয়াকৈ হাত চিলাই কৰা লতাফুল থকা এটা নাইটি ।দেখিয়েই তাইৰ মন ভৰি গৈছিল।ইমান মিহিকৈ হাতৰ চিলাই কৰা আছে নাইটিটোত!পিন্ধিবলৈ লৈ তাই কেইবাবাৰো চিলাইখিনিৰ ওপৰত হাত ফুৰাইছিল।

--কি চাইছা?পিন্ধা আক'।এইটো মই নিজ হাতেৰে চিলাই কৰিছোঁ জানা,তোমালৈ বুলিয়ে।অতিশয় লেনিয়া মাতেৰে  কৈ উঠিছিল ভাস্কৰ বৰুৱাই তাইক।

---আপুনি?

---অঁ মই।

মখমলৰ ৰঙা ৰঙৰ বাকচবোৰত গহনাবোৰ চিজিলকৈ এপদ এপদকৈ ভৰাই আলমাৰীত থৈ আহি,তাইৰ কাপোৰসাজো ধুনীয়াকৈ জাপি থকাৰ পৰা মূৰ নোতোলাকৈ, তেওঁ উত্তৰ দিছিল।তেওঁৰ ৰৈ থকাৰ ধৰণ,আলনাত কাপোৰ সাজ থ'বলৈ যাওঁতে দিয়া খোজ কেইটা দেখি,যেন এজনী নাৰীয়েহে তাইৰ কাপোৰ জাপি আলনাত থৈছেগৈ, তেনে অনুভৱ হৈছিল।

তাইৰ গহনা ,কাপোৰবোৰ তেওঁ চিজিল লগাই থোৱা কথাটো বাৰু তাই সাধাৰণভাৱেই লৈছিল , কিন্তু নাইটিটোত তেওঁ ইমান মিহিকৈ হাত চিলাই কৰা কামটো, তাইৰ বাবে বৰ অসহজবোধ লাগিছিল।

     লাহে লাহে তাই মন কৰিছিল ভাস্কৰ বৰুৱা মানুহটো খোজে-কাটলে,কথাই-কামে,স্বভাৱে-মনেৰে সকলো আচৰণ যেন একেবাৰে নাৰীসুলভ।তেওঁ ঘৰত থকা সময়খিনিত  তাই মন কৰে পুৰুষৰ কামবোৰতকৈ নাৰী কামবোৰৰ প্ৰতিহে তেওঁৰ ধাউতি বেছি।কথাবোৰো মাইকী মানুহে কোৱাৰ দৰে সুৰ লগাই কোৱাৰ ওপৰিও  হাঁহিটো মাৰিলে হাতখনেৰে মুখত সোপা দিয়ে, লাজ লাজ ভাৱেৰে। বিয়া ঠিক হোৱাৰ আগৰ দিনকেইটাত তেওঁক লগ পাওঁতে খুব কম সময় কথা পতাৰ বাবেই হয়তো তাই তেওঁৰ কথাবোৰত ফুটি উঠা সুৰবোৰ,খোজ-কাটল, আচৰণবোৰ ইমান লক্ষ্য কৰা নাছিল।তথাপিও ভনীয়েক উৰ্মিলতাই কৈছিল তাইক---"তোৰ ভিনদেউজন কিন্তু অলপ মহিলা টাইপ ন বা।"

মাকে শুনি গেঙেৰি মাৰি উঠিছিল---"ইমান ভাল চাকৰি কৰা ল'ৰা এটা পাইছোঁ।তই যা তা কথা কৈ তাইৰ মন নাভাঙিবি দেই উৰ্মি।"



উৰ্মিৰ কথা তাইও ইমান গুৰুত্বসহকাৰে লোৱা নাছিল। কিন্তু!কিন্তু বিয়াৰ পিছত তেওঁৰ লগত কথা পাতিলেই তাইৰ মনটো এসোপা কলীয়া ডাৱৰে আৱৰি ধৰেহি।কি যে পেনপেনীয়া!পুৰুষ পুৰুষৰ দৰে হ'ব লাগে কথাই, কামে।এইবোৰ আক' কি আচৰণ তেওঁৰ!!

সেইবোৰতো বাদেই।

শয্যা সংগীজনৰ পৰা একোগৰাকী নাৰীয়ে আশা কৰা ধৰণে যৌৱনৰ আকাংক্ষাবোৰ পূৰাবলৈও যে তেওঁ অসমৰ্থবান,সেইকথা তাই বিয়া হোৱাৰ এসপ্তাহৰ ভিতৰতেই গম পাই উঠিছিল।প্ৰতিনিশা তাই আশা কৰে-- ভাস্কৰ বৰুৱাই তাইৰ যৌৱনৰ আশা-আকাংক্ষাবোৰ পূৰাব।কিন্তু প্ৰতিনিশাই তাই আশাহত হয়।এটা এটাকৈ দিনবোৰ বাগৰিছিল।তাইৰ মনো ইদিনাতকৈ সিদিনা অশান্ত হৈ পৰিছিল।কাক ক'ব তাই এইবোৰ কথা?ক'বই বা কেনেকৈ!ক'লেও মানুহে তাইক বা কি বুলি ভাবিব?সৃষ্টি হৈছিল তাইৰ মনত অনেক প্ৰশ্ন।ছাটিফুটি কৰি মৰিছিল তাই, অব্যক্ত বেদনাত দগ্ধ হৈ।

      এটা এটাকৈ দিন গৈ সপ্তাহ, মাহ পাৰ হৈছিল।ভাস্কৰ বৰুৱা কোঠাটোলৈ সোমাই আহিলেই তাইৰ  মনত কোনো ধৰণৰ হেঁপাহ,আশা-আকাংক্ষা বা অনুকম্পা জগা নাছিল।বৰং তেওঁ কাষলৈ আহিলেই বা কথা ক'লেই তাইৰ মন-মগজু উতলি উঠি, ক্ষোভত ফাটি পৰিছিল।কাকো ক'ব নোৱাৰা এসোপা কথাৰ,বেদনাৰ ভৰত তাই ভাগি পৰিছিল।নিজৰ আশা-আকাংক্ষাবোৰ জলাঞ্জলি দি কেনেকৈ ওৰেটো জীৱন এই মানুহজনৰ স'তে কটাব ভাবি,ভয়ত বিতত হৈ ,এটা সময়ত তাই অকলেই  সিদ্ধান্ত লৈ ঘৰলৈ গুচি আহিছিল।

     তাৰপিছততো অনেক সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিছিল তাই----ঘৰখন,বংশ-পৰিয়াল,চুবুৰী,সমাজৰ তীৰ্যক প্ৰশ্নবোধক চাৱনি ,সকলোৱে মাজত বু বু বা বা।  

প্ৰথম মাক-দেউতাক,ভনীয়েক-ভায়েকহঁতৰ আগত   প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ যাওঁতে ডিঙিৰ নলীচাডাল শুকাই শুকাই গৈছিল যদিও পিছলৈ সকলোকে তাই একেষাৰতে উত্তৰ দিছিল----"এজন নপুংসকৰ লগত এগৰাকী নাৰী সম্পূৰ্ণা হৈ কেতিয়াও নুঠে। মই ইমান মহান হ'ব নোৱাৰিলোঁ।নোৰাৱিলোঁ ইমান ত্যাগ কৰি নিজৰ আশা-আকাংক্ষা জলাঞ্জলি দি তেওঁক আদৰি ল'ব ।বচ, কথা সিমানেই।সেয়েহে গুচি আহিলোঁ।"

      তাৰপিছত দুনাই কোনোবাই তাইক কিবা প্ৰশ্ন সুধিবলৈ সাহস কৰা নাছিল।আচলতে সাহস নকৰা নহয়।তাই সুযোগ দিয়া নাছিল কাকো,এই বিষয়ৰ কথা সুধিবলৈ।সাজু হৈছিল এটি অকলশৰীয়া জীৱন কটাবলৈ।চহৰখনৰ কেইবাটাও বেচৰকাৰী প্ৰতিষ্ঠানত নিজৰ শিক্ষাগত অৰ্হতা থকা প্ৰমাণপত্ৰবোৰ টেবুলে টেবুলে থৈ আহিছিল গৈ।ভাগ্যই তাইক লগ দিছিল।বৰ বেছি দৰমহা নাপালেও গাৰ্গ কোম্পানীৰ অফিচ এটাতে চাকৰি পাই গৈছিল।

     লগ পাইছিল আকাশ চৌধুৰীক তাইৰ সহকৰ্মী হিচাপে।কামৰ মাজেৰেই দুয়োৰে বন্ধুত্ব গঢ় লৈ উঠিছিল।পিছলৈ দুয়োৰে বন্ধুত্বৰ শিপাডালে বুকুত  খোপনি পুতি বহি লৈ প্ৰেমৰ কুঁহিপাত মেলিছিল। কুঁহিপাত দুখিলাক এজোপা গছলৈ ৰূপান্তৰ কৰিবলৈ যিমান সাৰ-পানীৰ প্ৰয়োজন হয় ,সকলোবোৰৰ যোগান আকাশ চৌধুৰীয়েই ধৰি,  বনলতাক সমাজৰ চকুত নিজৰ কৰি লৈছিল।

     প্ৰতীক আৰু স্নেহাশ্ৰী আহিছিল তেওঁলোকৰ জীৱনলৈ।দুয়োকে  লৈ ভীষণভাৱে ব্যস্ত হৈ পৰিছিল আকাশ আৰু বনলতাৰ দিনবোৰ। তাৰ পিছৰ সময়বোৰ ধুমুহা গতিৰেই  পাৰ হৈ গৈছিল যদিও প্ৰতীকৰ কিছুমান আচৰণ লৈ বনলতা চৌধুৰী  মহা সংকটত ভুগিছিল।

    প্ৰতীকে পুৰুষৰ  কামবোৰতকৈ মহিলাই কৰা কামবোৰৰ প্ৰতিহে বেছি আকৃষ্ট হৈছিল।দেউতাকে মাংস কটা গড়্‌ডাল আনিবলৈ ক'লে টান পোৱা ল'ৰাটোৱে মাকৰ লগত ৰুটী বেলি, তেলত ভাজি দি সহায় কৰি দিছিল।দেউতাকে জেওৰা দি থাকিলে খুটি এডাল ইফাল-সিফাল কৰি দি সহায় নকৰা ল'ৰাটোৱে মাকৰ ঊল গোঠা শলা দুডাল লৈ ইটোৰ পিছত সিটো ছুৱেটাৰ গুঠিছিল।মাক বনলতাই এই কামবোৰৰ পৰা তাক আঁতৰাই ৰাখিবলৈকে এটা সময়ত ঊলেৰে ছুৱেটাৰ গোঠা কামটো কৰিবলৈ বাদ দি শলা কেইডাল বেঁকা কৰি পেলাই দিছিল।

        আৰু তাৰ মাত কথাবোৰ!উফ্‌!বয়স বাঢ়ি অহাৰ লগে লগেই মাত-কথাবোৰতো মাইকী মানুহৰ দৰে,   লেনীয়া  সুৰ এটা ভাঁহি আহিছিল---সেই কথা লক্ষ্য কৰি, তাৰ ভৱিষ্যতটোৰ কথা গভীৰভাৱে চিন্তা কৰিয়ে,তাক প্ৰায়ে ধমকি দিছিল তেওঁ----"প্ৰতীক,এইবোৰ সুৰ নিগৰাই নিগৰাই কথা ক'বলৈ এৰা তুমি।মতা মানুহে এনেকৈ কথা ক'লে শুনিবলৈ বৰ বেয়া লাগে।আৰু শুনা--- মোক কামত সহায় কৰি দিয়াতকৈ, মতা মানুহ হিচাপে তুমি দেউতাক সহায় কৰি দিবা।তুমি সেইবোৰ কাম শিকাতো খুবেই দৰকাৰ।

    সময় বাগৰিছিল। মাকৰ কথা শুনি সলনি হ'বলৈ চেষ্টা কৰা প্ৰতীকে-- কথাৰ সুৰ সলনি কৰাৰ বিপৰীতে কথা কমকৈ ক'বলৈ লৈছিল।দেউতাকৰ কামত সহায় কৰিব নোৱাৰি,মাককো কামত সহায় কৰি দিবলৈ এৰিছিল।


"মোৰ ওপৰত,এইয়া তুমি  প্ৰতিশোধ ল'লা  নেকি প্ৰভু ? কিয়?কিয় প্ৰভু?মইতো একো ভুল কৰা নাছিলোঁ।তেন্তে মোৰ ওপৰত এই শাস্তি কিয় বিহিলা প্ৰভু?" বনলতা চৌধুৰীয়ে প্ৰায়ে অদৃশ্য জনক স্বগতোক্তি কৰি  সুধিছিল এইদৰে। প্ৰতীকক বিয়াখন পাতি দিয়া কথাটোৰ পৰা তেওঁ প্ৰায়ে এৰাই চলিছিল।ভনীয়েক স্নেহাশ্ৰীক বিয়া দিয়া  সম্পূৰ্ণ দহবছৰৰ পিছত,মিতিৰ-কুটুম বংশ-পৰিয়ালৰ মানুহসোপা লগ হৈ প্ৰতীকৰ বিয়া খন পতাই দিছিল।ছোৱালী চোৱাৰ দায়িত্বও পেহীয়েকেই লৈছিল।বনলতাই বাৰে বাৰে প্ৰতীকৰ আচৰণবোৰৰ কথা পেহীয়েকহঁতক কৈ ভৱিষ্যত বিপদৰ আগজাননী দিছিল যদিও কোনেও গুৰুত্বসহকাৰে লোৱা নাছিল তেওঁৰ কথাবোৰত।


কিন্তু!কিন্তু এতিয়া কি হ'ব?পাৰিবনে পেহীয়েকহঁতে সহস্ৰাব্দীক ৰখাব?আৰু পেহীয়েকহঁতে জোৰ কৰি ৰখালেই যেনিবা!তেওঁ জানো পাৰিব সকলো জানিও ইমান স্বাৰ্থপৰ হ'ব!নাই!নাই কেতিয়াও নোৱাৰে তেওঁ।

-মা,কি ভাবি আছানো তুমি?যোৱানা সহস্ৰাব্দীক ৰখোৱা।মই কান্দি দিম নহ'লে এতিয়া।

 আজি বিশবছৰৰ পিছত শলা দুডাল কিনি আনি মাৰ্ফলা এখন কৰিবলৈ লোৱা বনলতা চৌধুৰীয়ে ঊলৰ বলটোতে শলা দুডাল গুঁজি টেবুলত থ'লে।আৰু প্ৰতীকৰ কন্দনামুৱা মুখখন দুহাতৰ আজলিত তুলি ধৰি কৈ উঠিল----তুমি কান্দিলেও কান্দা প্ৰতীক।সহস্ৰাব্দী গুচি যোৱাৰ দুখত তুমি এদিন,দুদিন বা এমাহ,এবছৰ কান্দিবা।কিন্তু তাইক জোৰ কৰি তোমাৰ স'তে ৰাখি থ'লে, ওৰেটো জীৱন  কিছুমান বুজাব নোৱাৰা যন্ত্ৰণাত তাই ছাটি-ফুটি কৰি কান্দি থাকিব লাগিব।।

মাকৰ কথাবোৰৰ অৰ্থ হয়তো প্ৰতীকে ভালকৈয়ে বুজি পাইছিল।তেওঁৰ কোলাত মূৰ থৈ সি উচুপি উঠিছিল।হয়তো সহস্ৰাব্দী যাবলৈ ওলোৱা দুখতকৈও নিজক সলাব নোৱাৰা দুখে তাক বেছিকৈ আৱৰি ধৰিছিল।

 কোঠাৰ পৰা সহস্ৰাব্দী ওলাই আহি মূল দুৱাৰেদি গুচি গৈছিল, মুক্ত মনেৰে।হয়তো বনলতা আৰু প্ৰতীকৰ  কথোপকথন তাইৰ কাণতো পৰিছিলগৈ।তাই ওলাই যোৱা দেখিও বনলতা চৌধুৰীয়ে তাইক এবাৰো বাধা দিয়া নাছিল। টেবুলৰ পৰা ঊলৰ বলটো আনি গুঁজি থোৱা শলা দুডাল উলিয়াই প্ৰতীকৰ হাতত তুলি দিছিল তেওঁ।


পৃষ্ঠা ২৯

গল্পঃ

আঁউসীৰ জোনাক

প্ৰতিভা ভাগৱতী শৰ্মা
নগাঁও

      দুপৰীয়াই পিয়নজনে চিঠিখন দিলেহি। সীমান্তত যুদ্ধৰ পূৰ্ণগতিত প্ৰস্তুতি চলিছে। কৰ্ণেল নয়ন দুৱৰা অতি সোনকালে যুদ্ধক্ষেত্ৰলৈ যাব লাগে। চিঠিখন মেলি নয়নৰ মনটো বিষাদেৰে ভৰি পৰিছে। বিয়াৰ বাবে এমাহৰ ছুটী লৈ সি ঘৰলৈ আহিছিল। মাহটো পূৰ হ'বলৈ নাপালেই।গাৰ পৰা মাহ-হালধিৰ গোন্ধ যোৱাই নাই। এহাল নৱবিবাহিতা দম্পতীৰ বাবে এই মধুৰতম ক্ষণখিনি সি এৰি থৈ যাবলৈ ইচ্ছা কৰা নাই। পত্নীয়ে নেদেখাকৈ চিঠিখন লুকুৱাই ৰাখিছে। কিবা কৰি অফিচত সি জনাব লাগিব যাব নোৱাৰে বুলি। কথাটো সি মাকৰ লগতো আলোচনা কৰিছে। মাকেও তাৰ কথাত হয়ভৰ দিছে। মাকৰ মতে দুদিনৰ বাবে আহিছে পুতেকটো ঘৰলৈ। এতিয়া নগ'লেও হ'ব।মাকে সিহঁতৰ চাকৰিৰ কথানো জানে কি ? আৰ্মিৰ চাকৰি। ছুটী নাপায়। বিয়াখন বুলি সকলো কাম সি অকলেই চম্ভালিব লগা হৈছে। মাকৰ একমাত্ৰ পুত্ৰ নয়ন। আঁউসীৰ আন্ধাৰ নেওচি মাক আঘোণী বাইৰ ঘৰখন পোহৰাই তোলা কৰ্ণেল নয়ন দুৱৰাৰ বিয়াখন হৈ যোৱা মাত্ৰ এসপ্তাহ হৈ গৈছে। এতিয়ালৈকে একো থানথিত লগাই নাই। গাৰ পৰা মাহ-হালধিৰ গোন্ধও যোৱাই নাই। বিয়াৰ পাছৰ পৰ্বৰ কামবোৰৰ বাবে পত্নীকো ভালদৰে সময় দিব পৰা নাই।তাতে আহিল আকৌ অফিচৰ চিঠিখন। কি বুলি ক'ব সি নৱ বিবাহিতা পত্নীক ? কেনেকৈ এৰি যাব সি তাইক ? তাৰ মনত ঢৌ খেলিছে অযুত প্ৰশ্নই।

     তাৰ মৰমৰ জন্মদাত্ৰী মাকজনীৰ সি আজি বহু বছৰৰ মূৰত ওচৰ চাপিছে। চাকৰি পোৱাৰ পিছত সি ট্ৰেইনিঙৰ বাবে মাকৰ ওচৰলৈ আহিব পৰাই নাছিল। মাথোঁ চিঠি পঠিয়াইছিল। মাক নিৰক্ষৰ হোৱাৰ বাবে চিঠিবোৰ গাঁৱৰে অমল মাষ্টৰে পঢ়ি শুনাইছিল।নয়ন অমল মাষ্টৰৰ প্ৰিয় ছাত্ৰ।সৰুৰে পৰা পঢ়া-শুনাত মেধাৱী মিতভাষী নয়ন শিক্ষাগুৰু সকলৰ সদায় প্ৰিয় আছিল।সুখ‍্যাতিৰে বি এ পাছ কৰাৰ পিছত সি এন ডি এ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছিল। তাতো সকলো দিশতে পাৰদৰ্শিতা দেখুৱাই নয়ন সেনাবাহিনীৰ চাকৰিৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ল। বহুকেইখন যুদ্ধত নয়নে নিজৰ বীৰত্বৰ পৰিচয় দি বৰ্তমানৰ কৰ্ণেল নয়ন হৈছেহি।জন্মতেই পিতৃহাৰা নয়নে আঘোণী বাইক কষ্টৰ ফচল দিছে। অতীতক সোঁৱৰিলে আজিও নয়নৰ বুকু ভেদি দুখৰ নিজৰা বৈ আহে। কমখন কষ্ট কৰিনো আঘোণী বাইয়ে নয়নক আজিৰ পৰ্যায়ত থিয় কৰাইছেনে বাৰু ? লোকৰ ঘৰে ঘৰে আষাৰ-শাওণ মাহত আঘোণী বাইয়ে ভুঁই ৰুবলৈ যায় আকৌ আঘোণৰ সোণোৱালী পথাৰত লোকৰ ধান দায়। বাকী সময়ছোৱাও বহি নাথাকি কাৰোবাৰ ঘৰত পিঠাগুৰি খুন্দা, চিৰা খুন্দা, পিঠাখোলাত সহায় কৰা আদি দিন হাজিৰা কামবোৰ কৰি পেটৰ ক্ষুধা পূৰণ কৰে। মেট্ৰিক পাছ কৰাৰ পিছত নয়নেও টিউচন কেইটামান গোটাই তাৰ হাত খৰছৰ লগতে পঢ়াৰ খৰছো উলিয়াবলৈ ধৰিলে। পঢ়াত চোকা হোৱাৰ বাবে তাৰ টিউচনৰো অভাৱ নাই। অৱশ্যে চাকৰিটো হোৱাৰ পিছত সি মাকক কাঢ়াকৈ নিৰ্দেশ দিছে লোকৰ ঘৰত কাম নকৰিবলৈ। কাৰণ মাকক ইতিমধ্যে বাৰ্ধক‍্যই আগুৰি ধৰিছে। সৰু সুৰা বিষ,কাহ আদি বেমাৰে লগ দিছে। অকলশৰীয়া মানুহ। চাওঁতা কোনো নাই।গতিকে অলপ সাৱধানে থকা ভাল। নয়নে আগৰ কেঁচা ঘৰটোৰ সলনি সুন্দৰকৈ এটা আচাম টাইপত পকী ঘৰ সজাইছে। এতিয়া মাকে এই ধুনীয়া ঘৰখনত অকলে আৰামত দিনবোৰ পাৰ কৰিছে।কাম কৰিবৰ বাবেও এজনী ছোৱালী আহে সদায়। তাই সকলোবোৰ কাম কৰি থৈ যায়।মাকে মাথোঁ নিজৰ খোৱা খিনি ৰান্ধিব লাগে আৰু খাব লাগে। বৰ্তমান নয়নৰ মাকে  নয়নৰ বাবে এজনী উপযুক্ত পত্নীৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি এইবাৰ ছুটীত আঁহোতে মাকেই পছন্দ কৰা ছোৱালী জনীকে নয়নৰ বাবে বিয়া পাতি দিছে। অৱশ্যে ছোৱালী নয়নৰো পছন্দৰ। সকলো দিশতে পাৰ্গত নয়নৰ পত্নী ৰিচা হৈছে মনেৰে ধনী ছোৱালী।

         নয়নৰ নৱ-বিবাহিতা পত্নীয়ে বিয়াৰ প্ৰেজেণ্ট কিছুমান জাপি জাপি ৱাল আলমাৰীটোত ভৰাই আছে। তাই ৰাধা-কৃষ্ণৰ ফটোখন সিহঁতৰ বেডৰুমতে আঁৰি থৈছে। তাইৰ কামবোৰ বৰ আটোমটোকাৰী। নিয়াৰিকৈ কৰে সকলো কাম। কামৰ মাজতে তাই লক্ষ্য কৰি আছে নয়নৰ মনটো যেন কিবা কথাত পিছলি আছে। সি যেন এইখন পৃথিৱীত নাই। কি হৈছে বাৰু নয়নৰ ? সুধিবলৈও তাইৰ মনে কোৱা নাই। তথাপি যিমানেই নহওক নিজৰ মানুহজন যেতিয়া তাই নয়নৰ উগুল-থুগুল হৈ থকা মনটোৰ বিষয়ে জনাটো দৰকাৰ। এবাৰত তাই নয়নৰ ওচৰ চাপি গৈছে আৰু কাষতে বহি লৈ সুধিছে।

: অথনিৰে পৰা মই লক্ষ্য কৰি আছোঁ। আপোনাৰ কিবা এটা হৈছে। মই জানিব পাৰোনে আপোনাৰ কি হৈছে ?

: নাই নাই। মোৰ একো হোৱা নাই। ভাগৰ ভাগৰ লাগিছে।সেয়েহে.....।

: এৰা । আপোনাৰ ভাগৰুৱা দেহটোৰ খবৰ নলৈ মই যে কি কামবোৰ উলিয়াই লৈছোঁ। ৰ'ব।সোনকালে ভাতকেইটা বঢ়াই দিওঁ। খাই অলপ জিৰাব পাৰিব।

     তাই পাকঘৰলৈ গ'ল।সোনকালে ৰন্ধা-বঢ়াৰ যোগাৰ কৰিলে। তাই বিয়া হৈ অহাৰ দিন ধৰি ৰান্ধনী ভোজ দিয়াৰ পাছত শাহুয়েকে ভাত ৰান্ধিব লগা হোৱা নাই। সকলো কাম বোৱাৰী ৰিচাই চম্ভালি লৈছে। এপাকত তাই ৰুমলৈ আহিল ৱাল আলমাৰীটো বন্ধ কৰিবলৈ পাহৰি যোৱা বুলি চাবলৈ। হঠাৎ আলমাৰীটোৰ কাষত থকা টিভি টেবুল খনৰ ওপৰত তাইৰ চকু পৰিল। টেবুল কাপোৰ খনৰ তলত এখন কাগজৰ আধা ওলাই আছে। তাই চাওঁ নাচাওঁকৈ কাগজ খন উলিয়াই আনিলে ।....এয়া কি ....? তাই হতভম্ব। নয়নৰ কলিং অফিচৰ পৰা। তাইৰ বুজিবলৈ বাকী নাথাকিল নয়নৰ মনত চলি থকা বিষাদৰ নৈ খনৰ ভাৰটোৰ কথা।তাই সাহসেৰে স্থিৰ হ'ল যদিও মনত এপাচি বেজাৰে আগুৰি ধৰিছে। দুপৰীয়া ভাতৰ যোগাৰ কৰিলে। শাহু,নয়ন আৰু বোৱাৰী ৰিচা তিনিও ভাত খাবলৈ বহিল একেলগে। উজাই আহিব ধৰা দুখবোৰ বুকুতে সাৱটি তাই নয়নক কৈ উঠিল---।

: মই জানোঁ আপোনাৰ দুখৰ কাৰণ ? 

: কি জানা তুমি ?

: আপোনাক সীমান্তৰ যুদ্ধক্ষেত্ৰত প্ৰয়োজন হৈছে।আপোনাৰ চিঠিখন মই দেখিলোঁ।

: ....তুমি......?

: চাওক । আপুনি হৈছে এজন সাহসী জোৱান। এইখন ঘৰত যিদৰে এজনী বোৱাৰীৰ প্ৰয়োজন বুলি ভাবি আপুনি মোক বিয়া কৰাই আনিছে ঠিক সেইদৰে যুদ্ধক্ষেত্ৰটো আপোনাৰ প্ৰয়োজনীয়তাবোধ কৰি আপোনাক মাতি পঠিয়াইছে। এই সময়ত আপোনাক দেশৰ বাবে বহুত প্ৰয়োজন। গতিকে পলম নকৰি আপুনি যুদ্ধক্ষেত্ৰলৈ যাবলৈ সাজু হওক। পাণ্ডৱ, কৌৰৱ সকলোৱে জানো নিজৰ ঘৰসংসাৰ ত‍্যাগ কৰি মহাভাৰতৰ যুদ্ধত অংশ লোৱা নাছিল। আপুনিও সাংসাৰিক সুখ ত‍্যাগ কৰিব লাগিব।

       নয়নে একেথৰে পত্নী ৰিচাৰ মুখলৈ চাই থাকিল। তাইৰ কথাবোৰে যেন নয়নক আৰু সাহস বঢ়ালে। সি যেন ঘৰতে যুদ্ধ জয়ৰ বাতৰি পালে।শাহুয়েকে বোৱাৰী ৰিচাক কৈ উঠিল...

: বোৱাৰী তুমি নয়নক যাবলৈ কৈছা  কিয় ?

: কৈছোঁ মা । তেওঁ যাবই লাগিব।

: কিয়  তোমাৰ বিবাহিত জীৱনৰ সুখতকৈ নয়নৰ যুদ্ধখন ডাঙৰ বুলি ভাবিলা ? তোমাৰ ইচ্ছা নাযায় নয়নক বুকুৰ মাজত ৰাখিবলৈ ? তোমাৰ ইচ্ছা নাযায় নয়নক লৈ সাতোৰঙী সপোন ৰচিবলৈ ? তোমাৰ ইচ্ছা নাযায় নয়নৰ সৈতে নীলিম আকাশৰ বুকুত নিশা তিৰবিৰাই থকা তৰা গণিবলৈ ?

: যায় । মোৰো বহুত মন যায়। সাতোৰঙী সপোন দেখা মোৰ দুচকুত অশ্ৰুৰ টোপাল জিলিকিলেও, মৰম নিগৰি অহা বুকুখনত বিষাদে জোৱাৰ তুলিলেও  মই এগৰাকী সৈনিকৰ পত্নী। সৈনিকৰ পত্নী হিচাপে মোৰ সৈনিক স্বামীৰ প্ৰতি দায়িত্ব যে তেওঁক তেওঁৰ কৰ্মত সাহসেৰে আগবাঢ়ি যোৱাত সহায় কৰা। 

     শাহুয়েকে বোৱাৰী ৰিচাক আৰু পুত্ৰক প্ৰাণভৰি আশীৰ্বাদ যাঁচিলে। ৰিচাৰ দৰে বোৱাৰী  যাতে সকলো  শাহু আৰু স্বামীৰ বাবে আদৰ্শ বোৱাৰী হৈ আহে এজোলোকা আশীৰ্বাদেৰে শাহুয়েকে চকুলো টুকিলে।

      ৰিচাই বুকু ফিন্দাই ক'বলৈ ধৰিলে," নয়ন তুমি সদায় মোৰ স্নিগ্ধ জোনাকৰ সাহসী সপোন হৈ ৰ'বা। তুমি মোৰ স্তব্ধ হৃদয়ৰ সাহসী স্পন্দন হৈ থাকিবা। তোমাৰ দৰে সাহসী সৈনিকৰ বিধৱা পত্নী হ'বলৈও মই অলপো ভয় নকৰোঁ। মই যদি সঁচাকৈয়ে সতী হওঁ তেন্তে তুমি মোৰ প্ৰাৰ্থনাৰ জোৰত কুশলে যুদ্ধক্ষেত্ৰৰ পৰা মোৰ ওচৰ পাবাহি। তোমাৰ বাবে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম।"

      নয়ন গ'লগৈ। সীমান্তত যুদ্ধ আৰম্ভ হ'ল।গাঁৱে-ভূঞে,নগৰে-চহৰে সকলোতে কেৱল যুদ্ধৰ আলোচনা। সকলো ব‍্যস্ত হৈ পৰিছে ৰেডিঅ,টিভিত বাতৰি লোৱাত। সকলোৰে মনত কৌতূহল শত্ৰু পক্ষক আমাৰ সৈন্যই পৰাজিত কৰিবই লাগিব । আমাৰ দেশৰ কোনো এটা অংশকে আমি লোকৰ হাতলৈ যাবলৈ নিদিওঁ। দেশবাসীৰ কাণত যেন অহৰহ বাজি উঠিছে বন্দুকৰ গুৰুম গুৰুম শব্দ।
হিচ হিচ বতাহত বাগৰি আহি এই শব্দই যেন সকলোকে জনাই থৈ গ'ল যুদ্ধ জয়ৰ বতৰা। আমাৰ সাহসী সৈনিকসকল কোনোগুণে কম নহয়।ঘৰ,পৰিয়াল সকলো ত‍্যাগ কৰি দেশ ৰক্ষাৰ নামত নিজৰ জীৱন উচৰ্গা কৰিবলৈ কুণ্ঠাবোধ নকৰা সৈনিকসকললৈ দেশবাসীৰ চালাম। মন্ত্ৰীৰ শুভেচ্ছাবাণী।কোটি কোটি জনতাৰ আশীষ শিৰত লৈ তেওঁলোকে যুদ্ধ কৰিছে। শত্ৰু পক্ষৰ পৰা অহা এজাঁই গুলীৰ প্ৰত‍্যুত্তৰ আমাৰ সৈনিকে জাউৰিয়ে জাউৰিয়ে দুগুণ উৎসাহেৰে বৰ্ষণ কৰিছে।

      নয়নে বীৰত্বৰে যুঁজিছে শত্ৰুৰ লগত । তাৰ গুলী বৰ্ষণত বহুতো শত্ৰু থকা সৰকা হৈছে।কেইবাজনো মৃত্যু মুখতপৰিছে।কিন্তু হঠাৎ এজাক যেন ক'লা ডাৱৰে আকাশ ছানি ধৰিছে। এই হেন আঘোণৰ শীতল সোণোৱালী দিনত ক'লা ডাৱৰ চপৰা অমংগলৰ চিন নহয়টো।ৰিচাই গোঁসাই ঘৰত বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছে নয়নক যেন আৰু সাহস দিয়ে ভগৱানে।তেওঁৰ একো নহয় যেন।কিন্তু.....? শত্ৰু পক্ষৰ গুলীত প্ৰচণ্ড চিৎকাৰ কৰি নয়ন ঢলি পৰিছে যুদ্ধক্ষেত্ৰত। টিভিৰ পৰ্দাত মুকলিকৈ দৃশ্যমান এই দৃশ্য। তথাপি নয়নৰ পত্নীয়ে সাহস হেৰুৱাব খোজা নাই।তাইহে ওলোটাই কান্দি-কাটি আউলী-বাউলি হৈ থকা শাহুয়েকক সান্তনা দিছে নয়নৰ একো হ'ব নোৱাৰে বুলি। অবাক শাহুয়েক । বোৱাৰীয়েকৰ ইমান অভাৰ কনফিডেঞ্চ দেখি। তাই নয়নৰ অফিচৰ লগত যোগাযোগ কৰিলে। অফিচৰ পৰা খবৰ আহিল নয়নে ভৰিত অলপ দুখ পাইছে। তেওঁলোকে চিকিৎসা কৰিছে। অলপ আৰোগ্য হ'লে ঘৰলৈ বিশ্ৰামৰ বাবে পঠিয়াই দিয়া হ'ব। ৰিচাৰ মুখত বিৰিঙি উঠিছে এটি সুখৰ হাঁহি। নয়ন আহিব । তাই নয়নৰ লগত সুখৰ নৈত সাঁতুৰি ইপাৰ-সিপাৰ হ'ব। তাই  নিজে গৌৰৱবোধ কৰিছে নয়নৰ পত্নী হ'বলৈ পাই। আকৌ গোঁসাই ঘৰলৈ তাই দৌৰ মাৰিলে । পুনৰ এগচি বন্তি জ্বলাই তাই ভগৱানৰ সন্মুখত ক'বলৈ ধৰিলে, "হে ভগৱান! তুমিয়েই ৰক্ষক তুমিয়েই পালক।তুমি মোৰ নয়নক সদায় সহায় কৰিবা ।তেওঁ যেন গোটেই জীৱন দেশবাসীৰ হকে কাম কৰি যোৱাত হেলা নকৰে।"  'তৰিলে দেশ মৰিলে স্বৰ্গ' এই বাণী  শিৰোধাৰ্য কৰি দেশবাসীৰ হকে জীৱন উচৰ্গা কৰিবলৈ কুণ্ঠাবোধ নকৰা নয়নলৈ পত্নী ৰিচাৰ কাতৰ আহ্বান...
"নয়ন তোমাৰ ভৰিৰ আঘাতৰ প্ৰতি টোপাল তেজৰ পৰা যেন নিৰ্গত হওক ৰক্তবীজৰ দৰে হেজাৰ হেজাৰ সাহসী সৈনিকৰ।তোমাৰ কাষত তোমাৰ সাহসী পত্নীয়ে সদায় ঢাল হৈ থিয় দিব।বহু মৰম আৰু আশাৰে তুমি অহালৈ বাট চাই ৰ'লো। তুমি অবিহনে মোৰ স্বপ্ন বিভোৰ উজাগৰী নিশাবোৰ অধীৰ হৈ পৰিছে।তোমাৰ উমাল বুকুত শুই আৱেগৰ লহৰ তোলা ভাৱনাও গভীৰ হৈ পৰিছে।" ৰিচাই কপালত আঁকি ল'লে আগতকৈও বেছি দগমগাই থকা এটা সেন্দুৰীয়া বেলি আৰু শিৰত বোলাই ল'লে দীঘলীয়াকৈ এডাল সেন্দুৰীয়া ৰেখা ।। জয় হিন্দ  কৰ্ণেল নয়ন দুৱৰা।।


পৃষ্ঠা ৩০
এক মিনিটৰ গল্পঃ

জীৱন

প্ৰণামী দেৱী
তেলিয়া সোণাৰী গাঁও,মিছামৰা (গোলাঘাট)
৯৮৫৪১০০৪২২

অভাৱে জুৰুলা কৰা ঘৰখনত ছোৱালী কেইজনীক শিক্ষিতা কৰি তোলাৰ বাবে মাক-দেউতাকে অপ্ৰাণ চেষ্টা কৰিছিল।খুৰাক হতেঁও যথেষ্ট মৰম কৰিছিল,অভাৱ পুৰণ কৰিছিল। ছাগলী,পাৰ পুহি,গৰুৰ গাখীৰ বিক্ৰী কৰি মাকে যেতিয়া মাহে মাহে টিউচন ৰ পইছা দিছিল.... পঢ়া টেবুলত বহি তাই হাতত কলমতো লৈ হাহো নে কান্দো অৱস্থা হৈছিল।। তাই ৰাতিপুৱা কলেজলৈ চাইকেল খন লৈ  ৰাস্তায়দি যাওঁতে দেখে- দেউতাকে বৰুৱা বৰতাৰ পৰা আঢি লৈ ধান খেতি কৰা পথাৰখনত বন উঘালি থকা, কেতিয়াবা দেখে সাৰ চতিয়াই থকা ....কিন্তু জীয়েকক দেখি দেউতাকে নেদেখাৰ ভাও ধৰাও  মুখ খনত ফুটি উঠিছিল। তেতিয়া তাই এবাৰ নিজলৈ চাইছিল, আৰু অনুভব কৰিছিল দেউতাকৰ কষ্ট আৰু তাইৰ বাহ্যিক ৰূপটো।সেই মূহুৰ্তত তাই ভাবিছিল- হাজাৰ টকীয়া কাপোৰ সাজ পিন্ধি তাই দিনটোলৈ ওলাই যায়..তাৰ আঁৰত দেউতাকৰ গাৰ ঘামেই নহয় জানো...? আৰু বহুতো উত্তৰ নোপোৱা প্ৰশ্ন ,দুখ বুকুৰ ভিতৰতেই লৈ পৰিস্থিতিৰ লগত আগবঢ়াইছিল তাই, ভাবিছিল !  উচ্চ শিক্ষাই সকলো কষ্টৰ ম্লান কৰিব। এটাই আশা,ভৱিষ্যতে ঘৰখনৰ বাবে আৰ্থিক, মানসিক, শাৰীৰিক ভাবে ঘাঁই খু্টিৰ দৰে থিয় হ'ব পাৰিলেই..  মাক-দেউতাকৰ কষ্টৰ সা‌ৰ্থক হ'ব।। মাথো ভগৱান ৰ ওচৰত সদায় তাইৰ এটাই প্ৰাৰ্থনা- ভগৱানে সুস্বাস্থ্য আৰু সংস্থাপনৰ দান কৰক, যাতে আগন্তুক যুদ্ধৰ বাবে তাই সাজু হ'ব পাৰে।

এতিয়া সময়ে কি সুযোগ দিয়ে, কি খেলা কৰে তালৈ বাটচাই লৈ আছে.........!!


পৃষ্ঠা ৩১
অনুভৱঃ

ভাল লগা এটা পৃষ্ঠা

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্যি মহাবিদ্যালয়

বেলি লহিওৱা পৰত নদীখন শুই আছে , পাহাৰ খনো আজি মৌন , সি চাই আছে নদীখনক একান্তমনে ,,তাইজনী বৈ গৈছে চিৰ প্ৰবাহমান গতিৰে ,এজাক সপোনৰ চৰাই উৰি আহিল নীলাবোৰৰ  মাজেৰে , নীলা বোৰ সিঁহতৰ প্ৰিয়,চৰাইজাকে মোলৈ একান্তমনে চাই ৰয়, মই ও চালো চৰাইজাক উৰি গুচি গ'ল পাহাৰৰ সিটো মূৰলৈ ,, হাঁহি টো আজিকালি   তাইৰ     বৰ্ষা সৰে, হোষ্টেলৰ  স্বাদখনত বহি তাই সপোন দেখে , এজাক সপোন ,সপোনে তাইক শুব নিদিয়ে, সপোনৰ দৰে সেউজীয়া বোৰ প্ৰিয়,, সেউজীয়া বোৰত উশাহ আছে । সময়ৰ পৃষ্ঠা বোৰত অতীতক পোৱা যায়, পোৱা  যায় অতীতৰ সুবাসবোৰ ,আজিও ভাল লাগে সেই অতীতবোৰ,,,, ভাল 
লাগে পৰিভ্ৰমী চৰাই বোৰে নদীৰ বুকুত খেলা দৃশ্যবোৰ,,,সময়ৰ কেলেণ্ডাৰেও পাত সলালে জানা ? মইতো এজাক সপোনৰ বুকুত ওলমোতেই ১৮বছৰীয়া হ'লো । জোনাক বোৰ আজিও প্ৰিয় ,আজি অমাৱস্যা নেকি বাৰু?জোনতো যে আকাশত নাই,তাই বাৰু ঠাই সলনি কৰিলে নেকি? হঠাৎ সেউজীয়া বোৰ কপি উঠিল, এজাক পছোৱা, পছোৱা জাকে বহু কথাই কৈ গ'ল,কৈ গ'ল ভৱিষ্যতৰ সপোনবোৰৰ কথা ,, বাট ল'লো ঘৰলৈ বুলি।


পৃষ্ঠা ৩২
শিশু বিশেষঃ

কিতাপ আৰু শিশু

কিতাপ হৈছে মানৱ জীৱনৰ প্ৰকৃত বন্ধু। কোনোকালে মানৱক এই বন্ধুত্ব ই আঘাত নিদিয়ে বৰঞ্চ বিপদত ই মৌনতাৰে সাহস আৰু প্ৰেৰণা যোগায়।
  শিশু হৈছে নিভাজ মৰম আকলুৱা হৃদয়ৰ গৰাকী।শিশুসকল জীৱনৰ যান্ত্ৰিক দিশটোৰ বিষয়ে অজ্ঞাত। তেওঁলোকে স্বাৰ্থপৰ পৃথিৱীৰ উৱাদিহ নাপায়, কৃত্ৰিম জগতৰ পৰা নিলগত থকা এই হৃদয়বোৰ স্বচ্ছ।
  শৈশৱ মানেই অপৈণত অৱস্থা,এই সময়ছোৱাত শিশুৱে জানিব বিচাৰে। তেওঁ লোকে সকলো সময়তে নিজকে আৱিষ্কাৰ ত ব্যস্ত ৰাখে।সেয়েহে শিশুৱে নিজে  কৰি ভালপায়।শিশুৱে‌ প্ৰথমে অনুকৰণ কৰি শিকে যদিও সময়ত এই অনুকৰণৰ পৰা নিজস্বতালৈ গতি কৰে।সেয়েহে শিশুৰ চৌপাশৰ পৰিৱেশ সুস্থ আৰু অগ্ৰজসকল আদৰ্শৱান হোৱাটো খুবেই জৰুৰী।যাতে শিশুৱে ভালখিনি গ্ৰহণ কৰিব পাৰে।শিশুক সবল মানৱ হিচাপে গঢ় দিবলৈ যাওঁতে কিছুমান গুণৰ প্ৰয়োজন হয়।এই গুণসমূহ আনে দিব পৰা নহয়।শিশুৱে নিজে এই গুণসমূহ আহৰণ কৰিবলৈ আগ্ৰহী হ'ব লাগিব।এইখিনিতে এটা কথা উল্লেখ কৰিবলগীয়া যে এজন পূৰ্ণাঙ্গ মানুহ হিচাপে পৰিচিত হবলৈ যি গুণৰ প্ৰয়োজন সেয়া এদিনতে হৈ নুঠে।এই গুণসমূহ শৈশৱৰ পৰা আহৰণ কৰিব লাগিব।সেয়েহে শিশুটোক আমি সৰুৰে পৰা ভাল গুণৰ অধিকাৰী কৰিবলৈ কিতাপৰ লগত বন্ধুত্ব গঢ়ি দিব পাৰিব লাগিব।
   বৰ্তমান সময় প্ৰযুক্তি বিদ্যাৰ সময়।সকলো কাম ইণ্টাৰনেট, কম্পিউটাৰ,মোবাইল আদিৰ সহায়তে খুব সহজতে কৰা হয়। দৈনন্দিন জীৱনৰ জানিবলগীয়া সকলো কথা,কাম আমি ইণ্টাৰনেটত পাওঁ।দেখা যায় যে আজিৰ শিশু এই প্ৰযুক্তিৰ প্ৰতি আকৃষ্ট।শিশুৱে মোবাইল ফোন ব্যৱহাৰ কৰি শিকিব বিচাৰে,মোবাইলতে খেল খেলি সুখী হয়।এই প্ৰযুক্তিৰ বাবেই হয়তো কিতাপৰ লগত শিশুৰ সম্পৰ্ক সেৰেঙা।কম সংখ্যক শিশুৱে পাঠ্যক্ৰম ৰ পুথিৰ বাদে বাহিৰৰ কিতাপ পঢ়ে।নিজক কিতাপৰ লগত জড়িত কৰি ৰাখে।কিতাপৰ লগত বন্ধুত্ব কৰি পৃথিৱীৰ নানান কথা জানিব বিচাৰে।
 আমি সময়ৰ লগত খোজ মিলাই যাব পৰাটো আমাৰ সফলতা। কিন্তু এই সফলতাৰ বাবে আমাৰ ভেটি সুদৃঢ় হোৱাটো অতি  জৰুৰী।আমাৰ জ্ঞানৰ ভেটি সবল হ'বলৈ আমি কিতাপ পঢ়িব লাগিব।কাৰণ এখন কিতাপ এটা সময়, জীৱনৰ প্ৰতিছবি।ইয়াৰোপৰি এই কিতাপ হৈছে উত্তৰ প্ৰজন্মৰ বাবে এনে এটি সমল য'ত এই সময়ৰ ,অতীতৰ বহুত কথাই সুৰক্ষিত হৈ ৰয়।মুঠতে এই কিতাপ অবিহনে জীৱনলৈ আলোক নাহে।কিতাপৰ লগত সম্পৰ্ক হোৱা মানেই এটা শিশুৰ নৈতিক দিশৰ উত্তৰণ তথা সবল ব্যক্তিত্বৰ গৰাকী।যিখিনি গুণ জ্যেষ্ঠ জনে দিব নোৱাৰে সেই আধৰুৱা খিনি কিতাপে শিশুটোক দিব পাৰে।সেয়ে হয়তো কোৱা হয় যে
  - কিতাপে মানুহৰ মানসিক খাদ্যৰ যোগান ধৰি মানুহক সুস্থ কৰাত সহায় কৰে।
  আমি সকলোৱে আমাৰ শিশুটোক কিতাপৰ লগত বন্ধুত্ব গঢ়ি দিও আহক।

ৰাজশ্ৰী বৰা
গোলাঘাট


পৃষ্ঠা ৩৩
চুটি গল্পঃ

হেঁপাহৰ ৰং

বন্তি দত্ত
মৰিয়নি, যোৰহাট

    ৰাস্তাৰ সিটো পাৰে পালচাৰ মটৰ চাইকেল সহ ৰৈ থকা চিৰ পৰিচিত   লৰাটোক দেখি ৰশ্মিৰ ভীতিগ্ৰ্স্থ মুখ খনত হাহি বিৰিঙি  উঠিল।  তাই আঁৰ চকুৰে চাই দেখিলে  ৰঙা ৰঙৰ টি চাৰ্টটোৰে ওখ ,  সুঠাম চেহেৰাৰ আৰু ঘনক'লা চুলিৰ ক্লীন চেভ  মুখখনত বৰকৈ জিলিকাই
 তুলিছে ।  হেণ্ডচাম ' সুপুৰুষ  তেওঁ।
তাইৰ  ষ্টেট বেংকৰ  পানবজাৰ শাখাত নতুনকৈ নিযুক্তি লভিছে নিজৰ মেধাৰ ভিত্তিত। একমাত্ৰ মাকৰ বাহিৰে তাইৰ সাৰথি কোনো নাই। দেউতাকৰ বিষয়ে  তাই ভালদৰে একো নাজানে ।সৰুতে মাকক দুই এটা প্ৰশ্ন সুধিছিল যদিও এতিয়া ডাঙৰ হৈ অহাত একো নোসোধা হ'ল।  ৰশ্মিজনীক কম কষ্টৰেনো মাকে তুলি তালি ডাঙৰ দীঘল  কৰিছেনে।এইবোৰ কথাই তাইক কেতিয়াবা ভবাই তোলে।কলেজত পঢ়ি থকা সময়ছোৱাতে কত প্ৰেমৰ প্ৰস্তাৱ পাইছে যদিও একমাত্ৰ মাকৰ কথা চিন্তা কৰি তাই এইবোৰৰ পৰা আতৰি আছে।
প্ৰায়েই  চিটি বাচতেই  বহি বহি তাইৰ নিজৰ এৰি অহা অতীতৰ কথা মনত পেলাই।    ধীৰ গতিত গৈ থকা গাড়ীখনত  মৃদুসুৰত বাজি থকা ভূপেন দাৰ সুৰীয়া গানৰ সুৰে ফাগুণৰ  এই উদাসী সন্ধিয়াটো মায়াময় কৰি তুলিছে । 

     সদায় এইটো  সময়তেই তাইৰ অফিচ চুটি হয় । ভাড়া ঘৰটোৰ পৰা   ২০ কি: মি: দূৰত্বত তাইৰ অফিচ। পুৱা গধূলি সদায় অফিচলৈ  চিটি বাছতে আহে । কিন্তু দিনটো কষ্ট কৰি সন্ধিয়া বাছৰ  সেই অস্বস্তিকৰ ঠেলা-হেঁচাবোৰত তাইৰ বৰ অশান্তি লাগে । তথাপিতো উপায়হীন তাই অফিচৰ ওচৰতে বহু বিচাৰিও ৰশ্মিয়ে সুবিধাজনক ৰুম এটা নাপালে । বান্ধৱী বোৰৰ লগতো ৰুম শ্বেয়াৰ কৰিবলৈও তাইৰ বৰ এটা ভাল নালাগে কাৰণ তাই মাকক অকলে এৰিব নোৱাৰে।  চাকৰিটো পোৱাৰ পিছত   স্বাধীন চিতীয়াকৈ থাকিব লৈ সকলোৱে বিচাৰে।কাৰণ মাকে অতদিনে তাইক কষ্ট কৰি ডাঙৰ দীঘল কৰিলে  এতিয়া তেওঁকো সুখ দিব বিচাৰে তাই। বহুত কথাই জুমুৰি দি ধৰে। জীৱনটো এতিয়া উপভোগ কৰিবলৈ বিচাৰে তাই ।নীড়মুখী পক্ষীয়ে  দেউকা কোবাই  উৰি যোৱা আকাশখনলৈ চাই চাই বাহলৈ উভতাৰ দৰে  তাইয়ো এইটো সময়ত  নিজৰ সাধ্য অনুসৰি সজাই লোৱা ঘৰটোলৈ ওভতে।দৰমহাৰ টকা কেইটাৰে এপদ দুপদকৈ বস্তু গোটাইছে  তাই। অকলশৰীয়া , নিঃস্ব জীৱনটোৰ মাকেই  এটা সৱল ভেটি । যি সকলো সময়তে তাইক মৰম , আশ্বাসেৰে চৰায়ে নিজৰ পোৱালীক বুকুত সাৱটি ধৰি ৰখাদি ছাঁ দি থাকে । তেওঁৰ মৰম আৰু বিশ্বাসক আঘাট দিয়া কাম তাই আজিলৈ কৰা নাই  আৰু ভৱিষ্যতলৈও নকৰে । সেয়েহে  মাকৰ মনত দুখ পোৱা কাম তাই আজিলেকে কৰা নাই।
 

সিদিনা হঠাতে চিটিবাচত আহোতে তাইৰ পিছৰ চিটত বহি কথোপকথন কৰি অহা দুগৰাকী মহিলাৰ কথাই তাক হতভ্ৰম্ব কৰিলে ।তাই যে পিতৃ পৰিচয় হীন এগৰাকী ছোৱালী যাক সেই মানুহ গৰাকীয়ে জাৱৰৰ দমৰ পৰা তুমি আনি ডাঙৰ দীঘল কৰিলে।তাইক উদ্দেশ্য কৰি কোৱা কথা কেইটা শুনি তাইৰ বুকুত হুলে বিন্ধা দি বিন্ধিলে কিন্তু এটা কথা ভাবিলে তাইক যে  মাকে  আজিলৈকে সেই বিষয়ে জানিবলৈ নিদিলে তাইৰ বাবে সেইটোহে ডাঙৰ কথা।  কথাটো ভাবি তাইৰ মনটো বৰ  ভাল লাগিল।

এতিয়া ডায়েৰীখনৰ উকা পাতবোৰ যেন বিষাদেৰে ভৰি পৰিছে।  কাকো কব নোৱাৰা মনৰ বহুকথাই লিখিবলৈ আছে তাইৰ। অৱশেষত আহি বাচখন গন্তব্যস্থল পালেহি তায়ো লাহে লাহে ঘৰ অভিমুখে খোজ দিলে। 


 সিদিনা অফিচত সহকৰ্মী এজনৰ অৱসৰ উপলক্ষে এটা পাৰ্টি আছিল ।  গুলপীয়া ৰঙৰ বৰ ধুনীয়া শাড়ী আৰু দীঘল 
 মেলা চুলিৰে তাই জিলিকি উঠিছিল । যিকোনো লোকেই এবাৰ চালে চকু ৰৈ যোৱা চেহেৰা তাইৰ । নিজেও তাই সময় পালেই যত্ন লয় । সিদিনা পাৰ্টীৰ বাবে অফিচৰ পৰা অহা তাইৰ দেৰী হৈছিল। 
সময় আঠ মান বাজিবৰ বৰ হল।চিটী বাচ স্তপেজত বহুত সময় ইফালে সিফালে চাই দেখিলে এখনো বাছ নাই হয়তো শেষ বাচখনো এৰিল ইমান পৰে।ভাড়া গাড়ী এখন লৈ যাব পৰাকেও তাইৰ হাতত পইছা নাছিল। 

হঠাতে তাইৰ সদায় তাই অহা-যোৱা কৰোতে বাটৰ কাষত ৰৈ থকা যুৱকজনলৈ চকু গ'ল। উপায়হীন হৈ তাই লৰাজনৰ কাষলৈকে গৈ লিফট এটা বিচাৰিব বুলি ভাবোতেই লৰাজন তাইৰ কাষত উপস্থিত হ'ল।
আৰু তাইক কি সহায় লাগে সুধিলে।তাইক যে তেওঁ সদায় লক্ষ্য কৰে আৰু আজি বাছত তাই উভতি নোযোৱা দেখি তেওঁ যে ৰৈ আছিল সেই কথা কলে। তেওঁ নিজৰ মটৰ চাইকেলখনতে উঠাই ৰশ্মিক ঘৰত থৈ গলহি।
   লাহে লাহে দুয়ো ভাল বন্ধু হৈ পৰিল। তাৰ ভাল নাম আছিল অমিতাভ চৌধুৰী। সুন্দৰ, ভদ্ৰ, উচ্চ শিক্ষিত সদায় দেখা যুৱকজনৰ অমায়িক ব্যৱহাৰে তাইক মুগ্ধ কৰি পেলাইছিল । তাই কেতিয়াবা ভাবে , বহুত কথাই যেন পাতি পেলাব ! কিন্তু সৰুৰে পৰাই অল্পভাষী স্বভাৱৰ তাই। হৃদয়ৰ অভ্যন্তৰত থকা কথাবোৰে গুজৰি-গুমৰি  থাকিলেও কেনেকৈ কয় তেওঁক।

মৰমতে অভি বুলিছিল ৰশ্মিয়ে তাক। বহুত কথা কম বুলি ভাবিলেও তাই বেয়া পাব বুলি তাইক একোকে কোৱা নাছিল। এনেদৰে সময়বোৰ পাৰ হৈছিল।তাইয়ো দুমাহৰ বাবে ট্ৰেইনিং এটাত অসমৰ বাহিৰলৈ গৈছিল।এই দুমাহ তাইৰ বাবে দুবছৰ যেন লাগিল। ভাবিলে ট্ৰেইনিং শেষ হলে উভতি আহি অভিক সকলো কথাই কব।
  ট্ৰেইনিংৰ পৰা উভতি অহাৰ পিছতেই অভিয়েই তাইক বিয়াৰ প্ৰস্তাৱ দিলে আৰু তাইৰ পৰা পজিটিভ উত্তৰ এটা আশা কৰিলে।
ৰশ্মিয়ে তাইৰ জীৱনৰ বিষয়ে  সকলো কথাই তাক জনালে আৰু তাৰ পিছত তাকে কি সিদ্ধান্ত লৈ জনাব কলে।কাৰণ অভি সম্ভ্ৰান্ত পৰিয়ালৰ একমাত্ৰ ল'ৰা।অভিয়েও মাক দেউতাকক ৰশ্মিৰ সকলো কথাই খুলি কলে আৰু তেওঁলোকৰ যে এই বিয়াত আপত্তি নাই সেই কথা জনালে।কাৰণ ৰশ্মি এগৰাকী উচ্চ শিক্ষিতা আৰু সূগঢ়ী ছোৱালী। তাইৰ পুৰণি কথাবোৰ খুচৰী তাইক দুখ দিয়াৰ পক্ষপাতী তেওঁলোক নহয়। গতিকে লৰাই পচন্দৰ ওপৰত তেওঁ লোকৰ বিশ্বাস আছে।অতি সোনকালেই দিন বাৰ চাই ৰশ্মিক তেওঁলোকে বোৱাৰী কৰি নিব  বুলি মাকক জনালে।
ৰশ্মিৰ মাকেও অভিহতৰ নিচিনা পৰিয়াল এটালৈ ছোৱালী দিবলৈ প্ৰথমে শংকা কৰিছিল যদিও অভিৰ কথা-বতৰাই তেওঁক মুহিত কৰিছিল আৰু ৰশ্মিৰ বাবে যে তেওঁয়েই উপযুক্ত জোৱাই  তাক নিজ মুখেৰে ই স্বীকাৰ কৰিছিল।
 হঠাতে ৰশ্মিৰ ম'বাইৰ স্কীনত অভিৰ চিনাকী নামটো জিলিকি উঠিল ।দুচকু তাইৰ জাপ খাই গ'ল।দুৰু দুৰু হিয়াৰে তাই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰল বিবাহৰ সেই নিৰ্দিষ্ট দিনটোলৈ ।

যেন ফাগুনৰ পলাসৰঙী এমুঠি আবিৰ তাইৰ গালে মুখে কোনোবাই ছটিয়াই থৈ গলহি।
 দুৰৈৰ পৰা ৰিণিকি ৰিণিকি কৈ ভাহি অহা
মধুৰ সংগীতৰ সুৰটি তাইৰ কাণত পৰিল ,.....
 জিলমিল জোন জ্বলে কপালত,
তিৰবিৰ তৰা জ্বলে নয়নত
মোৰো যে হৃদয় জ্বলে
তোমাৰেই নিবিড় মৰমত।


পৃষ্ঠা ৩৪




Post a Comment

0 Comments