অঙ্গন (দ্বিতীয় বছৰ ১০ম সংখ্যা)

পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 অক্টোৱৰ 2021.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৫
প্ৰৱন্ধ : পৃষ্ঠা ৬-৯
ধাৰাবাহিক : পৃষ্ঠা ১০
অণুগল্প : পৃষ্ঠা ১১-১২
এক মিনিটৰ গল্প : পৃষ্ঠা ১৩-১৪
অনুবাদ কবিতা : পৃষ্ঠা ১৫-১৬
কবিতা : পৃষ্ঠা ১৭-৩২
শিশু বিশেষ : পৃষ্ঠা ৩৩
ভ্ৰমণ কাহিনী : পৃষ্ঠা ৩৪
নীলা খামৰ চিঠি : পৃষ্ঠা ৩৫
গ্ৰন্থ উন্মোচনী আৰু বঁটা বিতৰণী সভা: ৩৬
ৰেচিপি : ৩৭
গল্প : পৃষ্ঠা ৩৮-৪০
গ্ৰন্থ পৰ্যালোচনা: ৪১
আৰ্ট গেলাৰী : পৃষ্ঠা ৪২
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৩

পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
অনন্যা শইকীয়া
ক্লাৱৰোড, যোৰহাট
ফটোগ্ৰাফাৰঃ ইংকু বুঢ়াগোঁহাই

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।

পৃষ্ঠা ৫
সম্পাদকীয়ঃ

দুৰ্গোৎসৱ আৰু কিছু প্ৰাসংগিক চিন্তা

আমাৰ ল'ৰালিকালৰ কথা। দুৰ্গোৎসৱ বুলিলেই সকলোৰে মন ৰাইজাই কৰে। গাঁৱৰ বৰমূৰীয়াসকলে মিলি গাড়ী ভাড়া কৰে। সকলোৱে গাড়ীত উঠি দুৰ্গা পূজা চাবলৈ চহৰলৈ যাওঁ। এবাৰ তেনেকৈ পূজা চাবলৈ যাওঁতে চহৰত মানুহৰ ভিৰৰ মাজত মই হেৰাই থাকিলোঁ। এজন জ্যেষ্ঠ লোকে মোক বিচাৰি পাই ঘোষকৰ কাষলৈ লৈ গ'ল। তাত মাইকত মোৰ নামটো বাৰে বাৰে ঘোষণা কৰি থকা হ'ল আৰু শেষত ঈশ্বৰৰ কৃপাত মোক ঘৰৰ মানুহে বিচাৰি পালে। সেই সময়ত আমি দুৰ্গোৎসৱৰ তাৎপৰ্য বুজি পোৱা নাছিলোঁ। কিন্তু আচৰিত কথা যে দুৰ্গা পূজা বুলিলেই আমাৰ মনত এক নতুন উদ্যমৰ জন্ম হৈছিল, আমি আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ। তাতোকৈ ডাঙৰ কথা, কিবা এক আধ্যাত্মিক ভাবত আমি আত্মবিভোৰ হৈ পৰিছিলোঁ।

সময় সলনি হ'ল। গাঁওবোৰ বাহ্যিকভাবে গাঁও হৈ থাকিল যদিও আভ্যন্তৰিণভাবে গাঁৱলীয়া মানুহৰ মাজতো চহৰীয়া ৰীতি-নীতিবোৰে বিৰাজ কৰিলে। যিদৰে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত মানুহে পৃথিৱীখন হাতৰ মুঠিতেই পাব পৰা হ'ল, একেদৰে মানুহৰ মনবোৰ সংকুচিত হৈ হৈ সৰিয়হ গুটিটোৰ সমান হ'ল। মানুহৰ মনৰ মাজত আত্মকেন্দ্ৰিক ভাবধাৰাই প্ৰভাৱ বিস্তাৰ কৰিলে। সকলোৰে মনত লাভ লোকচানৰ হিচাপে ক্ৰিয়া কৰিবলৈ ধৰিলে। গতিকে দুৰ্গা পূজাক লৈও মানুহৰ এটাই চিন্তা, 'আনন্দ উল্লাসৰ মাজত আমাৰ কি প্ৰফিট হ'ব !' এইবোৰ অপ্ৰিয় সত্য কথা। এনে প্ৰেক্ষাপটত আমি যে লাহে লাহে এটি যন্ত্ৰলৈ পৰিণত হৈ আছোঁ এই কথাত কাৰো দ্বিমত থাকিব নোৱাৰে।

এতিয়া অন্য এটি প্ৰসংগলৈ আহিছোঁ। দুৰ্গা পূজা বুলিলেই অসমৰ কিছু ঠাইত এতিয়াও বলি বিধানৰ প্ৰচলন আছে। অসমত এতিয়াও এনে সহস্ৰজন তথাকথিত বিদগ্ধ পণ্ডিত আছে যি বলি বিধানৰ হকে আপোনাৰ মোৰ সন্মুখত একে উশাহতে হাজাৰটা যুক্তি দৰ্শাব। প্ৰশ্নটো হ'ল, তেওঁৰ যুক্তিত আপুনি পতিয়ন যাবনে ? এনেদৰেই এচাম স্বাৰ্থৱৰ লোকৰ প্ৰৰোচনাত আৰু সকলো দেখিও চকু মুদা কুলিৰ ভাও লোৱা দৰ্শকৰ নীৰৱতাত কিমান নিৰ্বোধ জীৱই প্ৰাণ হেৰুৱাব লাগিব ? যাৰ জীৱন দিয়াৰ ক্ষমতা নাই তেওঁক সকলোৰে সন্মুখত, উৎসৱমুখৰ পৰিৱেশত কিয় জীৱন ধ্বংস কৰিবলৈ অনুমতি দিয়া হয় ? এয়া এক প্ৰকাৰৰ পাশৱিক চৰিত্ৰ নহয়নে ?

শাস্ত্ৰত উল্লেখ আছে যে পূৰ্বতেও বলি বিধানৰ পৰম্পৰা আছিল। কিন্তু এই পৰম্পৰাত যিবোৰ পশুক বলি দিয়া হৈছিল সিহঁতক ধৰ্মীয় ৰীতি-নীতিৰে পুৰোহিতে অন্য জীৱৰ ৰূপত আৱিৰ্ভাৱ কৰাইছিল। অৰ্থাৎ সিহঁতক নতুন জীৱন দান দিছিল। এয়া এক প্ৰকাৰৰ মুক্তি আছিল। বৰ্তমান কলিৰ যুগত আমাৰ মাজত এনে কোনোবা পুৰোহিত আছেনে, যিয়ে বলি দিবলৈ অনা প্ৰতিটো পশুক নতুন জীৱন দান দিব পাৰিব ? যিহেতু এনে পুৰোহিত আমাৰ মাজত নাই, গতিকে এই পৰম্পৰাৰ জৰিয়তে এচাম স্বাৰ্থৱৰ লোকৰ উদৰ পুৰোৱাৰ বাহিৰে অন্য কিবা উপকাৰ হৈছেনে? আনহাতে শাস্ত্ৰত উল্লেখ আছে যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে কেতিয়াবা পিতৃয়ে নিজ হাতেৰে পুত্ৰৰ শিৰচ্ছেদ কৰিছিল। ত্ৰেতা যুগত যেতিয়া শ্ৰীকৃষ্ণই ব্ৰাহ্মণৰ বেশ ধৰি কৰ্ণক তেওঁ পুত্ৰক দান দিয়াৰ কথা কৈছিল তেতিয়া কৰ্ণই হাঁহি মুখে পুত্ৰক ব্ৰাহ্মণ ৰূপী কৃষ্ণৰ চৰণত দান কৰিছিল। তেওঁ নিজ পুত্ৰৰ মাংস ৰান্ধি ব্ৰাহ্মণক খাবলৈ দিছিল। এই মহা দানৰ প্ৰতি সন্তুষ্ট হৈ  কৃষ্ণই বৃশকেতুক জীৱন দান দি কৰ্ণক দানবীৰ আখ্যা দিছিল। অৰ্থাৎ নৰবলিৰ প্ৰথাও পূৰ্বতে আছিল। তেন্তে সেই প্ৰথা বৰ্তমান লোপ পালে কিয়? ঘৰখনৰ চিৰশান্তিৰ বাবে কিছুমান পৰিয়ালে এতিয়াও অমুকত ছাগলী এটা বলি দিম, তমুকত হাঁহ এটা বলি দিম বুলি ফিতাহি মাৰি ফুৰে। যদি নৰ বলি প্ৰথা আজিও থাকিলেহেঁতেন তেন্তে তেওঁলোকে ঘৰখনৰে কোনোবা এজন সদস্যৰ বলি দিব পাৰিবনে? পাৰিবনে বলিৰ বিধান দিয়া ব্ৰাহ্মণে বলিক পুনৰ জীৱন দান দিবলৈ? যদি কলিযুগত দান লওঁতাৰ এই শক্তি নাই তেন্তে বলি দিয়াৰো অধিকাৰ নাই। ইয়াৰ দ্বাৰা আমি এই কথাটোকেই প্ৰতিপন্ন কৰিব পাৰো‍ঁ যে মানুহে নিজৰ সুবিধাৰ বাবেই সকলোবোৰ নিয়ম নীতি প্ৰস্তুত কৰে। গতিকে আমাৰ অনুৰোধ, আমি দুৰ্গা পূজাতেই হওক বা অন্য পূজা পাৰ্বনতেই হওক বলি বিধানৰ জৰিয়তে নিষ্পাপ প্ৰাণীসমূহক হত্যা কৰা কাৰবাৰটো বন্ধ কৰিব লাগিব। তেতিয়াহে হয়তো আমি জীৱশ্ৰেষ্ঠ হিচাপে নিজকে প্ৰমাণ কৰিব পাৰিম।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন।
ভ্ৰাম্যভাষঃ 9678696861

পৃষ্ঠা ৬
প্ৰৱন্ধঃ

গুৰুজনাৰো প্ৰিয় ঋতু শৰত,
নান্দনিকতাত বিভোৰ প্ৰকৃতি জগত

প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা
ভ্ৰাম্যভাষ:৬০০১৪৮১৪০৮

বিনন্দীয়া শৰৎ মাথোঁ এটি  ঋতু নহয় ই  এটি নাম, শৰৎ হৈছে প্ৰাণৰ এক  অনুভৱী অনুৰাগী হৃদয়ৰ তান। শাৰদী ৰাণী শৰতৰ সুৱাসত আমোল-মোলাই প্ৰকৃতি আৰু সেইবাবেই বছৰৰ  ছয় ঋতুৰ ভিতৰত মোৰ  সবাতোকৈ প্ৰিয় ঋতু হৈছে শৰৎ। শৰতেই লৈ আহে অসমৰ বুকুলৈ  আশাৰ বতৰা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে শৰতৰ বৰ্ণনাত কৈছে ,বাৰিষাৰ মেঘাচ্ছন্ন আকাশৰ ক'লীয়া ডাৱৰ শৰৎ অহাৰ লগে লগে আঁতৰি যায় আৰু আকাশ নিৰ্মল হৈ পৰে।এই শৰততে বোকাময় বাৰিষাৰ বাট-পথত গোট খাই থকা বোকা -আবৰ্জনা শুকাই  বাট-পথ সুগম আৰু সুন্দৰ  হৈ পৰে। বাৰিষা নানা ঠাইৰ পৰা বৈ অহা পানীয়ে মলিয়ন কৰা নৈ- বিল, জান-জুৰিৰ পানী নিৰ্মল কৰি তোলে এই শৰতে।
        আমাৰ  ভাৰতবৰ্ষৰ পূৱ প্ৰান্তৰ ৰাজ্য অসম, প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ। বছৰৰ ভিন্ ভিন্ সময়ত অসমী আইৰ ৰূপ-লাবণ্য সলনি হয়।বছৰৰ ছয়  ঋতুৰ ভিতৰত বসন্ত আৰু শৰৎ ঋতুৰ সময় খিনিয়ে আটাইতকৈ ভাল। কাৰণ এই সময়ত বতৰো নাতিশীতোষ্ণ হয়। জাৰেই হওক বা জহেই হওক  এটাৰো প্ৰাৱল্য নাথাকে। বসন্ত ঋতুক কোৱা হয় ঋতুৰাজ বসন্ত আৰু শৰৎ ঋতুক কোৱা হয় ঋতু ৰাণী। আহিন আৰু কাতিমাহৰ সময়খিনি শৰতৰ সময়। এই সময়ত বাৰিষাৰ বোকাপানীৰ পৰা মানুহে পৰিত্ৰাণ পায়। ক'লীয়ামেঘ আঁতৰি আকাশ ফৰকাল হয়  । শুকুলা মেঘে আলাসতে  আকাশত নাচি বাগি যেন  দৌৰি ফুৰে। অনুপম ফৰিংফুটা জোনাক ,তৰাৰ তৰাৱলী ,মৃদুমন্দ বতাহত মন ৰাইজাই কৰে। কিযে বিতোপন শৰতৰ এই নিশা !শৰতৰ পূৰ্ণিমা নিশা স্নিগ্ধ জোৎস্নাত শ্ৰী কৃষ্ণই মধূৰ বংশী ধ্বনিৰে আকৰ্ষিত কৰি  ব্ৰজধামৰ গোপীসকলৰ লগত  ৰাসক্ৰীয়া কৰাৰ কথা সকলোৰে জ্ঞাত। এই শৰতৰ নিশাতেই নাতি-নাতিনীহঁতে চোতালত বহি আইতাকৰ সাধু শুনি আত্মবিভোৰ হয়।
        এই ঋতুৰাণী  শৰৎ নান্দনিক সৌন্দৰ্যৰ আকৰ।শেৱালি, বকুল ফুলৰ  সুৰভীত চৌপাশ আমোলমোল হয় শৰতত। শৰৎ আৰু শেৱালিৰ মাজত যেন অনন্য সম্পৰ্ক। শেৱালিক বাদ দি শৰতৰ কথা ভাবিব নোৱাৰি আৰু শৰতক বাদ দি শেৱালিৰ কথা ভাবিব নোৱাৰি। শেৱালিয়ে বাট দেখুৱালেহে শৰৎ আহে।নিশাৰ ৰাণী শেৱালি। নিশা ফুলি সুবাস বিলাই, পুৱা হ'লে ই সুৰুযৰ  স্পৰ্শপালেই শেৱালিয়ে মুখ গুজি দুবৰিত পৰি ৰয়। দুবৰি বনত নিয়ৰৰ টোপালবোৰ ৰ'দৰ কিৰণত তিৰবিৰাই উঠে। শৰততে নৈৰ দাঁতিত কহুৱা ফুলে আৰু কহুৱাই হালি-জালি নাচি শৰতক আদৰণি জনায়।কহুৱা, শেৱালিক লৈ কত কবি, গীতিকাৰে কবিতা, গীত ৰচনা কৰিছে। অৱশ্যে শেৱালি ৰাতিৰ ফুল, কহুৱাৰো নাই ব্যৱহাৰিক প্ৰয়োজনীয়তা তথাপি শেৱালি বা কহুৱাক বাদ দি যেন গীত, কবিতা এইবোৰ আধৰুৱা।শেৱালি ফুল  বিষাদৰ প্ৰতীক হলেও আমাক দি যায় নান্দনিকতা, সৃষ্টিশীলতা। শেৱালিৰ সুবাসত যেন প্ৰাণ পাই উঠে এক সম্ভাৱনা। এইদৰে  শৰতে চাৰিওদিশত প্ৰকৃতিৰ নান্দনিক  ৰূপত জেউতি চৰায়। গৰখীয়া বোৰেও  চৰ চাপৰিত গৰু চৰাই  , গীত গাই আনন্দ উপভোগ কৰে।
          ভূই ৰুই, হাল বাই বাৰিষাৰ অক্লান্ত শ্ৰমৰ পিছত এই সময়ত খেতিয়ক সকলে এই শৰততে জিৰণি লয় আৰু লহপহকৈ বাঢ়ি অহা ধাননি ডৰাই তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই তোলে। সুদূৰ দিগন্তলৈ বিয়পি থকা সেউজী পথাৰবোৰ গেৰধৰে শৰতৰ আগমনত।
       শৰৎ হৈছে উৎসৱৰ ঋতু। শৰৎ কালত দূৰ্গাপূজা উদযাপিত হয়।শৰৎ কালত দূৰ্গাপূজা হয় বাবে ইয়াক শাৰদীয় দূৰ্গাপূজা বোলা হয়। সৰ্ব শক্তিৰ আধাৰ শক্তিৰূপা ,দূৰ্গতিনাশিনী মা দূৰ্গা ,ধৰাৰ বুকুলৈ নামি আহি সকলো ভ্ৰষ্টাচাৰ, অনাচাৰ, অপশক্তি, দুখ- দৈন্য, অসূয়া নাশ কৰি মানৱৰূপী অসুৰবোৰক বধ কৰি আমাৰ সমাজত শান্তি প্ৰতিষ্ঠা কৰে বুলি সকলোৰে বিশ্বাস। ইয়াৰ উপৰিও কালিপূজা, লক্ষীপূজা, দীপান্বিতা, কাতিবিহু আদি উৎসবো এই সময়তে পালন কৰা হয়।এই উৎসৱ পালনে আমাক একতাৰ এনাজৰীৰে বান্ধ খুৱায় তথা ভাতৃত্বভাৱ গঢ়ি তোলাত সহায় কৰে।
              বিশাল আকাশৰ বুকুৱেদি উৰি যোৱা  নীড়মুখী পখীৰ কলৰৱত শৰৎ আহে প্ৰকৃতিৰ বুকুলৈ অনন্য ৰূপত। এইদৰে শৰত ঋতুৰ  আগমনৰ লগে লগে ৰূপহী অসমীৰ অপৰূপা ৰূপে সকলোকে মোহিত কৰে। সেয়েহে কোৱা হয় যে শৰৎ কেৱল এটা ঋতুৱেই নহয়, ই প্ৰকৃতিৰ বুকুত সৌন্দৰ্যৰ আকৰ। শৰৎ এক  অনুপম সুখৰ প্ৰতীকিৰূপ।
         শৰতৰ আগমনৰ ক্ষণত ৰাইজৰ প্ৰতি আহ্বান বিশ্ব প্ৰকৃতিৰ নান্দনিকতা অক্ষুন্ন ৰাখি  মহামাৰী কৰ'ণাৰ ভাইৰাছৰ লগত যুঁজ দিওঁ আহক আৰু নিজৰ লগতে সকলোকে  বচাওক। আমি বাচি থাকিলেহে শৰতৰ এই বিনন্দীয়া ৰূপ  প্ৰতি বছৰে  উপভোগ কৰি থাকিব পাৰিম লগতে সকলোলৈ জনালো শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভকামনা।

পৃষ্ঠা ৭
গুৰুজনাৰ কৃতিৰে নামঘৰৰ সৃষ্টি

মামণি ডেকা

যোৱা সংখ্যাৰ পিছৰ পৰা

সপ্তদশ শতিকাৰ আৰম্ভণি দশকৰ পৰা স্বতন্ত্ৰ গৃহ নিৰ্মাণৰ  সত্ৰীয়া স্থাপনৰ উদ্ভৱ হ'বলৈ ধৰে।
পাটবাউসীত তেওঁ নামঘৰ, মণিকূট কৰাপাট আৰু ভকতৰ হাটী শৃংখলাবদ্ধভাৱে চালে চকুৰোৱাকৈ সুন্দৰভাৱে সজাই গাঁৱলীয়া লোকসকলক দলে-বলে সত্ৰলৈ আকৰ্ষণ কৰায় ৷ ইয়াকে দেখি শংকৰদেৱৰ তিৰোভাৱৰ দশক মানৰ পাছত মাধৱদেৱৰ নেতৃত্বত বৰপেটাত নিৰ্মাণ কৰা ৰঙিয়াল ঘৰটোৱেই আছিল পৰিকল্পনা সন্মত নিৰ্মাণ প্ৰকৰণ ৷ মাধৱদেৱৰ  প্ৰিয় সখী নাৰায়ণ ঠাকুৰে মহাপুৰুষৰ ধৰ্মৰ উত্তৰাধিকাৰ " চোট আতা'ক জাকজমককৈ বৰপেটাত সত্ৰ নিৰ্মাণ কৰি গুৰুধৰ্মৰ প্ৰসাৰ ঘটাবলৈ উপদেশ দিলে আৰু বৰপেটীয়া ভকতৰ সহযোগত ৰঙিয়াল কীৰ্তন ঘৰ চালে চকুৰোৱাকৈ নিৰ্মাণ কৰে আৰু কৰাপাটত জয়-বিজয়ৰ কাঠ মূৰ্তি প্ৰতিষ্ঠা  কৰে ৷ তদুপৰি সত্ৰৰ কেৱলীয়া হাটী, গৃহী হাটী, খৰিঘৰ, চাউল ভঁৰাল স্থাপন, প্ৰসংগৰ নিয়ম আদিৰ ব্যৱস্থা কৰি দিয়ে ৷ সত্ৰ অনুষ্ঠানৰ বিকাশত এয়া আছিল দ্বিতীয় পদক্ষেপ ৷

দামোদৰদেৱে লক্ষ্মীনাৰায়ণৰ ৰাজত্বকালত ( ১৫৮৬-১৬১০) নির্মাণ কৰা ভিতৰুৱা ধাপ সত্ৰৰ যি বিৱৰণ চৰিত পুথিত পোৱা গৈছে তাত পূৰ্ণাংগ সত্ৰ  সকলো লক্ষণ দেখা যায় ৷ পাছত এই সত্ৰৰ নাম বৈকুণ্ঠপুৰ হয় ৷ উজনি অসমত প্ৰথম বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক বংশী গোপালদেৱে সত্ৰক পূৰ্ণ কেৱলীয়া ৰূপ দিয়ে ৷ আহোম ৰজা প্ৰতাপ সিংহৰ দিনত প্ৰায় ১২ বছৰ কাল আত্মগোপন কৰি ফুৰি তেওঁ কেবাখনো সত্ৰ প্ৰতিষ্ঠা কৰে ৷  পাছত তেওঁ কুৰুৱাবাহী সত্ৰক কেৱলীয়া সত্ৰৰ সকলো  বৈশিষ্ট্য দান কৰি নিয়ম-কানুন বান্ধি দি চাৰিহাটী মণিকূট, নামঘৰ, ভঁৰালঘৰ, বাটচ'ৰা  ঘৰ, অতিথীশালা, প্ৰসংগৰ ক্ৰম আদি প্ৰতিষ্ঠা কৰি দিলে ৷
               দ্বিতীয় প্রকাৰ সত্ৰক বৰপেটা সত্ৰই প্ৰতিনিধিত্ব কৰে ৷ ইয়াত হাটীপ্ৰথা আছে ৷ সত্ৰীয়া বা অধিকাৰে বহু সত্ৰত উদাসীন জীৱন যাপন কৰে ৷  সম্পূৰ্ণ কেৱলীয়া সত্ৰৰ চৌহদৰ  ভিতৰত সন্ধ্যাৰ পাছত নাৰীৰ প্ৰৱেশ নিষেধ ৷  সম্পূৰ্ণ হাটী-বাচী, নামঘৰ, মণিকূট, সাজঘৰ, ভঁৰালঘৰ, কৰাপাট আগিৰে পৰিপূৰ্ণ সত্ৰ মাজুলীত দেখা পোৱা যায়  ৷ কমলাবাৰী, আউনিআটী, দৰিণপট, গড়মূৰ এইবোৰ সম্পূৰ্ণ কেৱলীয়া সত্ৰ ৷
গৃহী আৰু কেৱলীয়া হাটী সম্পূৰ্ণ বেলেগ ৷ কিন্তু গৃহী সত্ৰত কেৱলীয়া ভকত হৈ থকাৰ ব্যৱস্থা আছে ৷ ভগৱানৰ কূৰ্মৰূপেই নামঘৰ ৷ কূৰ্মৰ শক্তিৰে নামঘৰৰ ভেটি নিৰ্মিত ৷ নামঘৰৰ চাল  দেখিবলৈ কূৰ্মপৃষ্ঠৰ দৰেই ৷ কূৰ্মৰ পিছফালৰ চলংঘেৰ খোৱাৰ দৰে নামঘৰৰ টুপটোও গোলাকাৰ আৰু এঢলীয়া ৷ গোলক বৈকুণ্ঠত ঈশ্বৰ  কৃষ্ণৰ মন্দিৰ গোলাকাৰ, তেনেদৰে নামঘৰৰ টুপটোও গোলাকৃতিৰ হ'ব লাগে ৷
বৈকুণ্ঠত ভকত বৈষ্ণৱ পৰিষদসকলে গোলাকাৰে বহি কীৰ্তন কৰে ৷ সেইকাৰণেও হেনো টুপটো গোল হ'ব লাগে ৷
(চৰিত পু়থিৰ মতে প্ৰসংগীয় নামত মেৰুপ্ৰায় হৈ বহাটো গ্ৰহণযোগ্য নহয় )

নামঘৰত ক্ষুদ্ৰ জীৱন আৰু বিৰাট পুৰুষক সংযোগ দেখুওৱা হৈছে ৷ ক্ষুদ্ৰ জীৱ সকলোৱেই প্ৰকৃতি ৷ একমাত্ৰ ঈশ্বৰ কৃষ্ণ, চৈতন্যময় পুৰুষ ৷ কোনোৱে প্ৰকৃতি বা মাতৃগৰ্ভৰ মূৰ্তি হিচাপে টুপটোক ব্যক্তিগত কৰিব খোজে ৷ কোৱা হয় ইয়াত সকলো জীৱক মায়াৰ আৱৰণে ঘেৰি থাকে ৷ এই আৱৰণখনকে ভাওনাত আঁৰ কাপোৰ হিচাপে দেখুওৱা হয় ৷ ' গুহ্যস্থান হন্তে দুই আঙুল ওপৰে, অণ্ডকোষ হন্তে দুই আঙুলত পৰে ৷ থাকে বুলি দেহ মধ্য অগ্নিৰ নিবাস (অনাদি পতন)  ৷ নামঘৰত ইয়াতে ন-বিধ প্ৰতীক ন-গছি বন্তি জ্বলোৱা হয়  অগ্নিগড়ত ৷ মাতৃগৰ্ভ ভেদ কৰি জীৱই বৃহৎ সংসাৰত ভৰি দিয়ে ৷ জীৱই টুপৰ গৰ্ভ পাৰ হৈহে নাভিত নাম সৰোবৰত অৱগাহন কৰিব পাৰে ৷ সেয়ে নামঘৰত বিৰাট ঈশ্বৰ পুৰুষ ৰূপ লৈ পোনতেই চৰণ পংকজৰ ধূলা শিৰত ল'ব লাগে ৷ পাপত শৰণেই আত্মনিবেদন ৷ টুপত কীৰ্তন নহয়, টুপ এৰি নাভিতহে কীৰ্তনৰ অমৃত সাগৰ ৷ নাভি পাৰ হৈ হৃদয়, ইয়াতেই ভাগৱত 'আপুনি ঈশ্বৰ' ৷
অসমৰ নৱ-বৈষ্ণৱ আন্দোলনৰ ফলশ্ৰুতি হিচাপে প্ৰতিষ্ঠিত হোৱা এখন সমাজ, য'ত শংকৰ মাধৱৰ ধৰ্মীয় শিক্ষা আৰু আদৰ্শই প্ৰাণ পাই উঠিছিল ৷ সত্ৰ আৰু নামঘৰক কেন্দ্ৰ কৰিয়েই এই সমাজত কলা-সংস্কৃতি আৰু পৰম্পৰা গঢ়ি উঠিছিল ৷ ব্যক্তিগত আৰু সামাজিক জীৱন যাত্ৰাৰ পথ শৃংখলাৱদ্ধ কৰাৰ উপৰিও সংস্কৃতিবান কৰি তুলিলে বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শগত ভক্তিবাদেৰে সংস্কৃতিক গৰিমাৰে মহীয়ান কৰি তোলা তেৰাই ঐক্য, সংহতি আৰু ভাতৃত্ববোধৰ মাজেৰে আধ্যাত্মিক প্ৰগতিৰ যি মাৰ্গ দৰ্শনেৰে দি থৈ গ'ল তাৰ তুলনা নাই ৷
                 শংকৰ মাধৱৰ যি অতুলনীয় অৱদান আমি কৈ শেষ কৰিব নোৱাৰো ৷ এয়া স্বত: সিদ্ধ যে শংকৰদেৱক বাদ দি অসমৰ কোনো ঐতিহ্য নাই।

পৃষ্ঠাঃ ৮
জিনকাটা সত্ৰ

( শ্ৰীশ্ৰী মাধৱদেৱৰ চিতাভস্ম সংৰক্ষণ স্থল)


অজয় বৰুৱা
দৰং, 9707730427

সত্রঃ
অসম, বাংলাদেশ আৰু পশ্চিমবংগ সীমান্তত অৱস্থিত অর্থাৎ অসমৰ পশ্চিম প্রান্তত থকা ধুবুৰী জিলাৰ ‌ইতিহাস প্রসিদ্ধ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পদস্পর্শৰে ঐতিহ্যময় শ্রীশ্রী ৰামৰায় কুঠি সত্রৰ পৰা প্রায় বাৰ কিলো মিটাৰ উত্তৰে জিনকাটা গাঁওত জিনকাটা সত্র অৱস্থিত। মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ আৰু শ্রীশ্রীমাধৱদেৱ গুৰু দুজনাই ব্যৱহৃত আপুৰুগীয়া বিভিন্ন সম্পদ থকাৰ উপৰিও বিভিন্নজন বৈষ্ণৱ আতাই ব্যৱহৃত সামগ্রী এই সত্রখনিত সংৰক্ষিত হৈ আছে। ৰাষ্ট্রীয় ঘাইপথৰ কাষতে থকা হালাকুৰা বজাৰৰ পৰা তিনি কিলোমিটাৰ দক্ষিণ-পশ্চিম দিশত থকা জিনকাটা এখন মহাপুৰুষীয়া সত্রীয়া গাঁও। য'ত প্রায় ২৫০ ঘৰ মান পৰিয়াল বা সেৱিকা আছে।কোচৰজা নৰনাৰায়ণৰ ভাতৃ বীৰ চিলাৰায় আৰু শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ভতিজা আই ভূৱনেশ্বৰী বিয়াৰ স্মৃতি বিজড়িত ঐতিহাসিক ৰামৰায় কুঠি সত্র আৰু পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ খাগ্রাবাৰীস্থিত মধুপুৰ ধামৰ সেৱিকা হিচাপে সত্রীয়া পৰম্পৰা ক্রমে গুৰু-ধর্ম ৰক্ষা এই গাঁৱত পাঁচঘৰ সেৱিকা আছিল। তাৰে এঘৰৰ ঝিঙাপুনি (মহাপুৰুষ মাধৱদেৱে প্রতিষ্ঠা কৰা) সত্রৰ সেৱক । ১৯৬৪ চনত মধুপুৰ সত্রত গুৰুমন্দিৰ নির্মাণ আৰু জিনকাটাৰ তালৈ অহা-যোৱা কৰাত যাতায়তৰ অসুবিধা বাবে ৰাইজে এটা ৰাজহুৱা সত্র পাতিবলৈ মনস্থ চিন্তাচর্চা কৰে। ইয়াৰ বাস্তৱ ৰূপ হয় ১৯৬৭ চনৰ মাঘ মাহৰ পৱিত্র মাঘী পূর্ণিমা তিথিত তেতিয়াৰ মধুপুৰ সত্রৰ সত্রাধিকাৰ  পৰমসন্ত প্রয়াত লক্ষীকান্ত আতৈদেৱে তাৰ পৰা বন্তি জ্বলাই আনি ইয়াত ভেটি স্থাপন কৰে। সমূহ ভকতৰ সেৱা মর্মে স্বর্গীয় লম্বোদৰ ভকতে দান দিয়া ৬ বিঘা মাটিত সত্রখন স্থাপন কৰে।জিনকাটা গাঁৱৰ স্বর্গীয় ক্ষিতিন্দ্র নাথ ভকত, স্বর্গীয় মণ্ডল চন্দ্র ভকত আৰু খেৰবাৰী গাঁৱৰ স্বর্গীয় লম্বোদৰ ভকতৰ ভাতৃ স্বর্গীয় গঙ্গাধৰ ভকতে পুৰুষানুক্রমে চলাই অহা ৰামৰায় কুঠি সত্রৰ আজ্ঞাপৰ শাখা সত্র তিনিখন ৰাইজৰ অনুৰোধত জিনকাটা সত্রলৈ দান দিয়ে। ইয়াৰ উপৰিও জিনকাটা গাঁৱৰ ৰূপেন্দ্র নাথ ভকতে পুৰুষানুক্রমে চলাই  অহা মহাপুৰুষ মাধৱদেৱে প্রতিষ্ঠাকৰা পশ্চিমবঙ্গৰ তুফানগঞ্জ মহকুমাৰ ঝিঙাপুনী গাঁৱত হৰিপুৰ-মধুপুৰ সত্রৰ ওচৰৰ ঝিঙাপুর্ণি সত্র আৰু উক্ত গাঁৱৰ নিবাসী ভলক চন্দ্র ভকতে পুৰুষানুক্রমে সেৱা কৰি অহা মাধৱদেৱৰ চিতাভস্ম এই সত্রলৈ দান কৰে। এনেদৰে এই চাৰিঘৰ সত্রীয়া লগ হৈ শ্রীশ্রী জিনকাটা ৰাজহুৱা সত্রখন স্থাপিত হয়।সত্রৰ উদাসীন পৰম সন্ত প্রয়াত উমেশ চন্দ্র আতৈক অধিকাৰ পাতি দিয়া  শ্রীশ্রী জিনকাটা ৰাজহুৱা সত্র খনিত এতিয়াও মাধৱদেৱ গুৰুজনাৰ চিতাভস্ম সংৰক্ষিত হৈ আছে।
      ১৯৭৩ চনত সত্রাধিকাৰ উমেশচন্দ্র আতৈদেৱৰ পৰলোক গমনৰ কেইবাবছৰ পিছত শিৱসাগৰ জিলাৰ জৰাবাৰী সত্রৰ অধিকাৰ পদ অলংকৃত কৰা পোনাৰাম ৰাজমেধি দেৱক ১৯৯৪ চনৰ ৪ এপ্রিল তাৰিখে শ্রীশ্রী জিনকাটা ৰাজহুৱা সত্রৰ সত্রাধিকাৰ পদত অধিষ্টিত কৰে। শ্রদ্ধাৰ ৰাজমেধি প্রভূজনাৰ দিনত এই সত্রখনে নতুন ৰূপ তথা উন্নতি দিশত আগবাঢ়ে। বিশেষকৈ সত্রটোৰ কীর্ত্তনঘৰ, বাহাঘৰ আদিয়ে পূর্ণৰূপ পায়। সত্রখনৰ নৱ-নির্মিত কীর্ত্তন ঘৰটো ১২০ ফুট দীঘল আৰু বহল ৬০ ফুট। ১৫ ফুট বহলৰ মণিকূটো বর্তমানেও বিভিন্ন কাৰণত পূর্ণতা পোৱা নাই সেয়ে কীর্ত্তঘৰটোতে কিছু অংশত মণিকূটৰ কাম চলাই থকা  হৈছে।
       ৰাজমেধি প্রভুজনাৰ মৃত্যুৰ পিছত ২০১৬ চনৰ ২৬ জানুৱাৰীত ৰাইজে সত্রখনৰ সত্রাধিকাৰ হিচাপে ৰামৰায় কুঠি সত্রৰ সত্রাধিকাৰ শ্রীজিতেন্দ্রনাথ প্রধানীদেৱক সত্রাধিকাৰ পাতি সত্রৰ কামকাজ চলাই নিয়ে।

সত্রখনিত সংৰক্ষিত আপুৰুগীয়া সম্পদ সমূহঃ
সমন্বয়ৰ প্রতীক, অসমৰ ভাষা সাহিত্য তথা কৃষ্টি-সংস্কৃতিৰে পূর্ণ হৈ থকা জাগ্রত পহৰী শ্রীশ্রী জিনকাটা ৰাজহুৱা সত্রত মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ আৰু শ্রীশ্রীমাধৱদেৱ গুৰু দুজনাৰ লগতে কেইজনমান বৈষ্ণৱ আতৈয়ে ব্যৱহৃত আপুৰুগীয়া সম্পদ সংৰক্ষিত হৈ আছে।তাৰ ভিতৰত সাঁচিপাতৰ গুণমালা, নামঘোষা, তুলসী গছৰ শ্রীকৃষ্ণৰ মূর্তি, মণিকূটত ঝিঙাপুনি সত্রৰ পৰা অনা চতুর্ভূজ বিগ্রহ, পিতলৰ বিগ্রহ, মহাপুৰুষ শ্রীশ্রীমাধৱদেৱৰ চিতাভস্ম, মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাই ব্যৱহাৰ কৰা কটাৰী এখন ,কেইটামান শিলিখা, তেৰাৰ খৰমৰ(পাদুকা) পখৰা এটা, সেই সময়ৰ মুদ্রাকেইটামান, গুৰুজনাৰ একান্ত শিষ্য শ্রীৰাম আতাৰ পিতলৰ সাঁজি(ফুল তোলাৰ পাত্র), মাধৱদেৱ গুৰুজনাৰ শিষ্য হৰিহৰ আতাৰ পদচিহ্ন থকা শিল, মধুপুৰ সত্রৰ পৰা জ্বলাই অনা বন্তিগছি আদি।আপুৰুগীয়া এই সম্পদবোৰ বিজ্ঞান সন্মত সংৰক্ষণ নহ'লে অদূৰ ভবিষ্যতে  এইবোৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে। সত্রখনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া অনুসৰি মাঘ মাহৰ পূর্ণিমা তিথিত এই সম্পদবোৰ প্রদর্শনৰ বাবে নিদিষ্ট পৰম্পৰাৰে উলিয়াই অনা হয়।

সত্রত পালনীয় উৎসৱ-পার্বন সমূহ:- বৰপেটা আৰু মধুপুৰ সত্রৰ প্রসংগ প্রণালীৰ দৰে জিনকাটা সত্রটো নিতৌ নাম প্রসংগ, গুৰু সেৱা আদি কৰা হয়। প্রতিদিনে তিনিবাৰকৈ নাম-প্রসঙ্গ কৰা হয়। পুৱাৰ গীত, পুৱাৰ ভঠিমা, নাম-কীর্ত্তন, ভাগৱত পাঠ, বিয়লি ভাগৱত পাঠ, নাম-কীর্ত্তন, গধুলিৰ প্রসঙ্গত গুণমালা, লীলামালা, ভটিমা, বৰগীত, নাম-কীর্ত্তন আৰু পাঠৰ লগতে প্রসঙ্গ পদ্ধতি অনুসৰি নাম-প্রসঙ্গ কৰা হয়।ইয়াৰ উপৰিও সত্রীয়া সংস্কৃতিৰ চর্চাৰ লগতে পৰম্পৰাক্রমে গুৰুজনাৰ আর্বিভাৱ, তিৰোভাৱ ,জিনকাটা সত্রৰ প্রতিষ্ঠা দিৱস,
মাধৱদেৱ তিথি, জন্মাষ্টমী, দৌলযাত্রা, বহাগ বিহু তথা নৱবর্ষ পালন, ন-খোৱা, বদুলা পদ্ম আতাৰ তিথিৰ লগতে আন আন ভকত আতৈ সকলৰ তিথি। পৰম্পৰা অনুসৰি পালন কৰা হয়। এই সত্রত আগতে বৰ ডাঙৰকৈ ৰাস অনুস্থিত কৰা হৈছিল যদিও আজি কালি নহয়। এই সত্রত বিভিন্ন সময়ত পালিত উৎসৱত ভক্তপ্রাণ ৰাইজে অংশগ্রহণ কৰি হৰি নাম ৰসেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।
   ঐতিহাসিক এই জিনকাটা ৰাজহুৱা সত্রৰ উপৰিও জিনকাটা গাঁৱত পূৱদিশত শ্রীশ্রী ন-সত্র জিনকাটা, শিমলাবাৰী সত্র নামৰ দুখন সত্র আৰু শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ ধুবুৰী জিলা শাখা অন্তগত সংস্কৃতি বিকাশ কেন্দ্র, নামঘৰ আছে। যিবোৰে সমগ্র অঞ্চলটোত সম্বন্বয়ৰ সেতু গঢ়ি তুলিছে। সম্বন্বয়ৰ প্রতীক এই অনুষ্ঠান সমূহত আছে সামাজিক ,সাংস্কৃতিক, সাহিত্য, সত্রীয়া ঐতিহ্য।

পৃষ্ঠা ৯

নৱৰাত্ৰি

কৰবী বৰ্মন কলিতা 
গুৱাহাটী

নৱৰাত্ৰি হৈছে হিন্দু ধৰ্মৰ প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত এক উৎসৱ। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰেও জনা যায়। প্ৰতি বছৰে বসন্ত আৰু শৰৎ কালত নৱৰাত্ৰি পালন কৰা হয়৷ বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা বুলি কোৱা হয়৷

নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন কৰা হয়৷ ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯ টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। উল্লেখ্য যে, নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিবিধ পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন ধৰ্মীয় পুথিত পোৱা যায়।
দেশৰ বিভিন্ন প্ৰান্তত অতি উলহ -মালহেৰে  পালন কৰা হয় নৱৰাত্ৰি । অসমতো নৱৰাত্ৰি উৎসৱৰ লগতে আকৌ দশেৰাত বেয়াৰ প্ৰতীক ৰাৱণ দাহ কৰাৰ পৰম্পৰাও আজিকালি পৰিলক্ষিত হয় । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে কামাখ্যা শক্তিপীঠত নৱৰাত্ৰিৰ মহা আয়োজন কৰা হয় ৷ তদুপলক্ষে নৱৰাত্ৰিৰ পহিলা দিনটোতে শক্তিপীঠ কামাখ্যাত অগণন ভক্তই ভিৰ কৰি দেৱী দুৰ্গাৰ ওচৰত দুৰ্গতিনাশৰ বাবে প্ৰাৰ্থনা জনায়৷

নৱৰাত্ৰিত দেৱী দুৰ্গাক উপাসনা কৰা হয় । বিজয়া দশমীৰ লগতে নৱৰাত্ৰিৰ দিনকেইটাত বেয়া গুণসমুহ যেনে : ঈৰ্ষা ,ভয় ,অহংকাৰ , জড়তা , কাম ,ক্ৰোধ , লোভ ,মোহ ,ঘৃণা আৰু অপৰাধবোধক পৰিহাৰ কৰি চলিব লাগে । নৱৰাত্ৰিত আত্মশুদ্ধি আৰু আত্ম সংযমেৰে পালন কৰিব পাৰিলেহে ভক্তই সুফল পায় ।

  নৱৰাত্ৰিৰ পহিলা দিনত দেশৰ বিভিন্ন প্ৰান্তৰ শক্তিপীঠ সমূহত ভক্তৰ লানি নিচিগা ভিৰ লাগে৷  মা বৈষ্ণু দেৱী মন্দিৰতো  পুৱাৰে পৰা ভক্তৰ সোত বয় ৷ নৱৰাত্ৰিৰ পহিলা দিনত পদযাত্ৰা কৰি মন্দিৰত উপস্থিত হোৱা ভক্তই দেৱী দুৰ্গাৰ শ্ৰীচৰণত মূৰ দোৱাই দুৰ্গতি নাশৰ কামনা কৰে৷
মায়ানগৰী মুম্বাইৰ দেৱী মন্দিৰতো ভক্তৰ সমাগম ঘটে৷ ৷ পশ্চিম বংগৰ বিভিন্ন প্ৰান্ততো বুধবাৰে নৱৰাত্ৰি উপলক্ষে অগণন ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়৷

  নৱৰাত্ৰিৰ তাৎপৰ্য উল্লেখনীয় । নৱৰাত্ৰিৰ বাবে নিশাৰ সময়খিনি খুৱেই গুৰুত্বপূৰ্ণ । দিনত উপবাসে থকা আৰু নিশা পূজা - নৱৰাত্ৰিৰ বৈশিষ্ট্য । ইয়াত ব্ৰতত থকাসকলৰ   ধৈৰ্য শক্তিৰ উমান পাব পাৰি । নৱৰাত্ৰিৰ প্ৰথম তিনিটা দিনত দুৰ্গা দেৱীৰ ভিন্ন ৰূপক , মাজৰ তিনিটা দিনত লক্ষ্মী দেৱীৰ ভিন্ন ৰূপক আৰু শেষৰ তিনিটা দিনত সৰস্বতী দেৱীৰ ভিন্ন ৰূপক পূজা - অৰ্চনা কৰা হয়। এই পাঁচদিনক ক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী হিচাপে জনা যায়৷ দেৱীপক্ষৰ পূৰ্বৱৰ্তী অমাৱস্যাক মহালয়া বোলে৷ এই মহালয়াৰ পিছদিনাৰ পৰা, অৰ্থাৎ দেৱীপক্ষৰ প্ৰতিপদৰ পৰা মহানৱমীলৈকে এই ন টা দিন নৱৰাত্ৰি হিচাপে পালন কৰি দেৱী দুৰ্গাৰ ন টা ৰূপৰ উপাসনা কৰা হয় ৷  নৱৰাত্ৰি বছৰত পাঁচবাৰ উদযাপন কৰা হয়। ওপৰত আমি দুটা  নৱৰাত্ৰিৰ  বিষয়ে কৈ আহিছোঁ যাৰ গুৰুত্বও অধিক । বাকী কেইটা নৱৰাত্ৰি হ’ল - আষাৰ নৱৰাত্ৰি ,পৌষ নৱৰাত্ৰি আৰু মাঘত পালিত নৱৰাত্ৰি । 

  নৱৰাত্ৰিয়ে আমাক অপশক্তিৰ লগত যুঁজ দিয়াৰ সাহস প্ৰদান কৰে । কিন্তু এইবাৰ পৰিস্থিতি কিছু পৃথক ৷ কৰ’নাৰ ভাইৰাছৰ সংক্ৰমণৰ কাৰণে অনাড়ম্বৰ ভাৱে ৰাজ্যত আৰম্ভ কৰা হ’ব নৱৰাত্ৰি তথা দুৰ্গা পূজাৰ প্ৰস্তুতি ৷ মহানগৰীতো সেই একেই পৰিবেশ। উল্লেখ্যে যে কৰ’নাৰ অতিমাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিলেও সকলো ক’ভিড প্ৰট’কল মানি মা দুৰ্গাক আদৰিবলৈ সাজু হৈছে এতিয়া ৰাজ্যবাসী তথা দেশবাসী  । এইবাৰৰ নৱৰাত্ৰিয়ে পৃথিৱীৰ মানুহৰ কষ্টখিনি নাইকিয়া কৰি , বেমাৰ আজাৰবোৰ নাইকিয়া কৰি , মানুহৰ জীৱনলৈ সুখ - সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা কৰি অসম তথা দেশ বাসীলৈ শাৰদীয় পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

পৃষ্ঠা ১০
ধাৰাবাহিকঃ

সমাধিস্থ সপোনত
অংকুৰিত পোহৰ

মিনাৰা হুছেইন, নগাঁও

যোৱা সংখ্যাৰ পিছৰ পৰা

(ষষ্ঠ)

ৰাধাক ৰুমলৈ অনা হ'ল। পৰীদুজনীক দেখি চকুৰে বৈ অহাজাকক বাধা দি চুমাৰে উপচাই দিলে গাল মুখ।
নাৰ্চ আহি ৰাধাৰ চেলাইন লগাই দি গ'ল। পৰীদুজনীক বেড এখনত শুৱাই দিলে। বৰ ধুনীয়া হৈছে। যেন কপাহৰ ফুল দুটি শুই আছে।
মা-দেউতাও আহি পালে। অনুৰাগে মিঠাই দিলে সকলোকে।

"কি মিঠাই খাবা। আজিকালিৰ দিনত দুজনীকৈ ছোৱালী "
ৰুবুলৰ মাকে বিৰক্তিকৰ মন্তব্য দিলে।
ৰাধাৰ চকুযুৰি সেমেকি উঠিল। ছোৱালী বাবে তাইৰ দৰে ইহঁত দুজনীও অবহেলিত হ'ব নেকি ?

মালতীবাই আৰু মই ঘৰলৈ গ'লো। গা ধুই ভাত খাই আহিছো। ৰাতিটো মই আৰু মালতীবাই ৰাধাৰ লগত থাকিম। ৰুবুল নাথাকে ৰাধাৰ লগত। ৰাধাৰ তাৰ বাবে কোনো আক্ষেপ নাই। যিজন পিতৃয়ে নিজৰ সদ্যজাত সন্তানদুটিক এবাৰো বুকুত সোমাই মৰম নকৰিলে, সেইজনৰ পৰা কি আশা কৰিব পাৰি ?

ৰাতিটো ভালদৰে পাৰ হ'ল। মাইনাদুজনীয়ে ধুনীয়াকৈ শুইছে। ৰাধাৰো ভাল টোপনি আহিল।  মনতে ভাবিলো কালিলৈ হস্পিতালৰ পৰা ঘৰলৈ যাব পৰা হ'ব।

দূৰৈৰ মদজিদৰ পৰা ফজৰৰ নামাজৰ আজান শুনি মই সাৰ পাই উঠিলোঁ। খিৰিকীৰ পৰ্দাখন টানি দিলোঁ। বৰ ধুনীয়া লাগিছে। দূৰত থকা পাহাৰটো, মছদিৰ পৰা অহা আজান, পুৱাৰ দোক-মোকালিত বাহৰ পৰা ওলাই যোৱা জাক জাক চৰাইবোৰ, সূৰুযৰ পুৱাৰ সোণালী আভা সঁচাকৈয়ে মনোৰম পৃথিৱীখন। 

অনুৰাগ অফিচলৈ যোৱাৰ আগতে হস্পিতালত সোমাল। অনুৰাগে দুয়োজনীৰ লগত বহি খেলিছে
"ভাগিন দুজনীয়ে মামায়েকক বৰ ভাল পাই দেই"
মালতীবায়ে অনুৰাগক দেখি হাঁহি হাঁহি ক'লে।

"অ' ঠিকেই কৈছা । ইমান মৰমলগা মাইনা কেইজনীক এৰি মোৰ ঘৰত মন ন'বহা হ'ল"
সকলোৱে হাঁহিলে। ৰাধায়ো মন খুলি হাঁহিলে। আজি তাইৰ মনটো কিবা এটা পাতল লাগিছে।

আবেলি তিনি বজাত  অনুৰাধাক  ঘৰলৈ লৈ আহিলোঁ ।
অনুৰাধাৰ কোঠাটো যেন আকৌ প্ৰাণ পাই উঠিল। মালতীবায়ে সকলো ঠিকঠাক কৰি দিছে। অনুৰাগ আৰু মই বজাৰলৈ গৈ লাগতিয়াল সকলো আনিলো। ৰাধা আৰু পৰীদুজনীৰ বাবে। ৰাতিৰ ভাতসাজ খাই ৰুবুল গুচি গ'ল। যোৱাৰ আগতে ৰুবুলে ৰাধাক নিশ্চিয় কিবা কৈ গৈছে। ৰাতিপুৱাৰ মুকলিমনেৰে ঘৰ সোমোৱা ৰাধাজনী মনটো মাৰি আছে। যেন বৰ কষ্ট কৰি আহিব খোজা লোতকজাকক ধৰি ৰাখিছে। 
 
    ৰাধাৰ মাক আহি সকলো চাই গৈছে।
 "অনুৰাধা, তোৰ লগত মালতী থাকিব। নিমিশা আছেই। ৰুবুলে কিবা খঙ কৰা যেন লাগিল।"
       পৰীদুজনীক কোচত লৈ মাকে সুধিলে।
     "নাই মা এনেই আৰু"
            মাইনাদুজনীক লৈ খেলি থকা মাকৰ মনত দুখ দিবলৈ মন নগ'ল ৰাধাৰ।

     মালতীবাই আহিল। ৰাধাক খিচিৰি অলপ খোৱাই শুৱাই দিলে। ৰাধাৰ শিতানত বহি বহি কিবা ভাবি আছে।

   "মালতীবাই ৰাধা টোপনি গ'ল। তুমি কি ভাবি আছা"
   ৱালঘড়ীটোৱে ৰাতি বাৰ বজাৰ সংকেত দিলে।
     "মোৰ গৌৰী দিদিলৈ বৰকৈ মনত পৰিছে"

"অ' কোৱা পিছত কি হ'ল তোমাৰ গৌৰী দিদিৰ'
        ৰাতিৰ নীৰবতা ভংগ  কৰি মালতীবায়ে কৈ গ'ল বিভীসিকাৰে পাৰ কৰা দিনবোৰৰ কথা।

"অনুৰাগৰ ছবছৰীয়া জন্ম দিন বৰ ডাঙৰকৈ পাতিছিল। মালিকিনী বাইদেউৰ মাক আৰু কলিকতাত থকা ডাক্তৰ ভায়েকো আহিছিল। পাৰ্টি শেষ হ'লত আমি ডাইনিঙ ৰুম চাফা কৰি আছিলোঁ। গৌৰী দিদি মূৰ ঘূৰাই পৰি গৈছিল। অনুৰাগৰ চিঞৰত সকলো দৌৰি আহিছিল। ডাক্তৰ বাবুয়ে পৰীক্ষা কৰিলে। হাত মুখত পানী চটিয়াই দিয়াত গৌৰী  দিদি চকু মেলি চাইছিল। মই ৰুমলৈ নি শুৱাই দিছিলো। কি হ'ল নাজানো। মালিকিনী বাইদেউৰ ৰুমৰ পৰা অহা কাজিয়াৰ শব্দত সাৰ পাই উঠিছিলোঁ। অনুৰাগক মালিকিনী বাইদেউৰ মাকে হলৰুমত লৈ শুইছিল। ডাক্তৰ বাবু আৰু মালিক বাবুৰ চিঞৰ বাখৰ। মালিকিনী বাইদেউৰ হিয়া ভগা কান্দোন। হলৰুমত শুই থকা বৃদ্ধ আইতা গৰাকীয়েও খুব কান্দিছিল।"
       মালতীবাই উঠি গৈ পানী এগিলাচ খালে।

"পিছত কি হ'ল ?"

     "পিছদিনা আমি সকলো কলিকতালৈ গুচি গ'লো। ৰাম বাহাদুৰ বাবুৰ হাতত সকলো চাবি কাঠি দি মালিক বাবুও আমাৰ লগতে গৈছিল। কলিকতাত ডাক্তৰ বাবুৰ ঘৰত। গৌৰী দিদিক হস্পিতাল লৈ গৈছিল ডাক্তৰ বাবু আৰু মালিকিনী বাইদেৱে। আবেলি উভতি আহিছিল। আকৌ আবেলি কাজিয়া হৈছিল। ডাক্তৰ বাবুয়ে ভিনীহিয়েকক বৰ বেয়া ব্যৱহাৰ কৰিছিল। মালিক বাবুয়ে সকলোকে ক্ষমা খুজিছিল।"

   ৱাল ঘড়ীৱে এক বজাৰ সংকেত দিলে।
  "বোৱাৰী বহু দেৰি হ'ল। শুই যোৱা"
 
   "মালতীবাই মই শুব নোৱাৰিম। খুব দৰকাৰ হৈছে। গৌৰীৰ বিষয়ে সকলো জানিব লাগিব। কোৱা, পিছত কি হ'ল"
    নিমিশাই মালতীবাইক কাতৰ অনুৰোধ কৰিলে।

   "মোৰ দিদিৰ গাটো লাহে লাহে আৰু বেয়া হ'বলৈ ধৰিলে। ডাক্তৰ বাবুৱে বহুতো ঔষধ দিছিল। আইতাই দিদিৰ যত্ন লৈছিল। জোৱায়েকে কৰা ভুলৰ বাবে বাৰে বাৰে গৌৰী দিদিক ক্ষমা খুজিছিল। মালিক বাবু বাগানলৈ ঘূৰি আহিছিল। আমি ৰৈ গৈছিলোঁ। এদিন গৌৰী দিদিৰ খুব পেট বিষ হৈছিল। ৰাতি বুলি মই কাকো জগাব পৰা নাছিলোঁ।কাৰণ আমাক বাহিৰৰ ৰুম এটাত থাকিবলৈ দিয়া হৈছিল।ভিতৰলৈ আমি সোমাব নোৱাৰিছিলোঁ। "

    মালতীবাই উচুপি উঠিছিল।চকুৰ পানীৰ আগত যেন সকলো সজীৱ হৈ ধৰা দিছিল।

   "মই দিদিক যিমান পাৰো বুজাইছিলোঁ। লগতে থকা ঔষধবোৰ খুৱাইছিলোঁ । ৰাতিপুৱা হোৱাৰ লগে লগে মই চিঞৰি চিঞৰি সকলোকে জগাইছিলোঁ। দিদিক হস্পিতাললৈ লৈ যোৱা হৈছিল। মই আৰু আইতাও গৈছিলোঁ। দিদিক অপাৰেচন ৰুমত সোমাইছিল। দিদিক তেজ লাগিছিল। তাইৰ তেজটো বোলে হস্পিতালত নাপালে। দিদি গুচি গৈছিল। মোৰ গৌৰী দিদি মোক এৰি গুচি গৈছিল। অপাৰেচন ৰুমৰ পৰা ওলোৱা মোৰ দিদিজনীক ধৰি মই চিঞৰি উঠিছিলোঁ। মোৰ হাত কঁপিছিল। মোৰ চকুৰ আগতে মোৰ দিদিক বগা কাপোৰৰে ঢাকি দিয়া হৈছিল। মোক আইতাই ধৰি ৰাখিছিল। অপাৰেচন ৰুমৰ পৰা নাৰ্চ  এগৰাকীয়ে এটি মাইনা আনি আইতাৰ কোলাত দিছিল। আইতাই কৈছিল এইয়া বোলে অনুৰাগৰ ভণীয়েক। নাম অনুৰাধা। মই চাই ৰ'লো। গৌৰী দিদিৰ মুখখন দেখোন। মই সকলো বুজি উঠিছিলোঁ। অনুৰাগৰ ভণীয়েকক লৈ মই আৰু আইতা ঘৰলৈ সোমাইছিললোঁ। মোৰ হাতত পৰীজনীক দি আইতা মালিকিনী বাইদেউৰ ৰুমলৈ গৈছিল। বহু সময় কান্দোনৰ ৰোল আহিছিল ৰুমৰ পৰা। বাইদেউ আহিছিল ওলাই। মাইনাজনীক চালে। আইতাই কোচত দিব লৈছিল। বাইদেৱে নল'লে। অনুৰাগে ভণীয়েকক দেখি খুব ভাল পাইছিল। "

     "হা মালতীবাই ৰাধা মানে, আমাৰ ৰাধা গৌৰীৰ..."
    আচৰিত হৈ উঠিলোঁ।

" হয়। ঠিকেই শুনিছা।অনুৰাধা বিৰেন বৰকটকীৰ তেজ। কিন্তু সামাজিক ভাৱে স্বীকৃতি দিলেও মনৰ মাজত কেতিয়াও ঠাই নাপালে। কাৰণ তাইৰ গাত আমাৰ তেজ আছে, মোৰ গৌৰী দিদিৰ তেজ আছে'

          মালতীবাইৰ চকুহাল মচি দি  সাবটি ধৰিলোঁ। ইমান জটিল। কাৰ বাবে ৰাধাৰ জীৱন এনেকুৱা হ'ল ? কাৰ দোষৰ বাবে গৌৰীৰ মৃত্যু হ'ল ? কাৰ দোষৰ বাবে মালতীবাই অকলশৰীয়া হ'ল ?

আগলৈ..

পৃষ্ঠা ১১
অণুগল্পঃ

ক/ জ্ঞানী 

প্ৰিয়াক্ষী নাথ 
গোলাঘাট 

প্ৰদীপ বৰুৱাৰ ছোৱালীৰ আজি  বিয়া । খুৰীয়েকে আহি বন্দনাহঁতৰ ঘৰত  মাতি থৈ গৈছেহি । বিয়া বৰ ডাঙৰকৈ পাতিছে । বন্দনাৰ মাক বিয়ালৈ বুলি যাবলৈ ওলাইছে । তেনেতে বন্দনাই মাকক সাম্প্ৰতিক পৰিস্থিতি বিয়া খোৱাৰ অনুকূল নোহোৱাৰ কথা সোঁৱৰাই দিওঁতে মাকে ক'লে,"বেয়া হ'ব নগ'লে কথাটো ,আমাৰ ঘৰৰ সব বিয়ালৈ আহিছে সিহঁতৰ ঘৰৰ মানুহ ,থাকি যাব ন'হলে কথাটো ।" মাকক বুজাব নোৱাৰি তাই চোতাললৈ ওলাই গ'ল । তেনেতে তাই ওচৰৰ ককায়েক এটা সেইফালেদি যোৱা দেখি সুধিলে বিয়ালৈ যোৱাৰ কথা । সি ক'লে ,"বিয়া খোৱাতকৈ নিজৰ জীৱন এতিয়া বেছি গুৰুত্বপূৰ্ণ ।আজি বিয়ালৈ নগ'লে বেয়া পালেও মোৰ উপায় নাই ।বেলেগে বেয়া পাব বুলিতো নিজৰ জীৱনটো বিপদলৈ ঠেলি পঠিয়াব নোৱাৰো ।" উচ্চ শিক্ষিত নোহোৱা ককায়েকৰ কথা শুনি নিজকে উচ্চ শিক্ষিত বুলি কৈ থকা মাকৰ প্ৰতি বন্দনাৰ পুতৌ উপজিছিল।


পৃষ্ঠা ১২
খ/  ভুল

চিণ্ময় বৰুৱা
যোৰহাট

বহুতো সপোন দেখুৱাই ভালকৈ ৰাখিম বুলি প্ৰতিশ্ৰুতি দিয়া লʼৰাটোলৈ ঘৰৰ অমতত গৈহে তাই বুজি পালে যে, 'তাই জীৱনত কিমান ডাঙৰ ভুল কৰিলে' ।

গ/ অপেক্ষা

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়

শয্যাগত স্বামীয়ে তেওঁৰ পত্নীক  বাৰে বাৰে সুধিছে । "পোনাকন আমাৰ মাজলৈ কেতিয়া আহিব বাৰু ?"

পৃষ্ঠা ১৩
এক মিনিটৰ গল্পঃ

নীতিশিক্ষা

ৰিতা মনি বায়ন

অফিচ ছুটি হোৱা মাত্রকে নীলাক্ষীয়ে এখন ৰিক্সাত উঠি ঘৰমুৱা হ'ল। ঘৰ পোৱাত ৰিক্সাৱলাজনক ভাড়াটো দিবলৈ ওলোৱাত  পিতৃসম বয়সৰ লোকজনে তাইক ক'লে-বাইদেউ, মোৰ  এটা ডাঙৰ সমস্যা হৈছে। কথাখিনি শুনাৰ লগে লগে তাইৰ ভাব হ'ল হয়তো মানুহজন কিবা অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। তাই ৰিক্সাৱলাজনক সুধিলে-কি সমস্যা ? মোৰ পেটটো ভাল নহয়। আপোনালোকৰ শৌচাগাৰটো ব্যৱহাৰ কৰিব পাৰিম নেকি ? নীলাক্ষীয়ে অকনো কুণ্ঠাবোধ নকৰি মানুহজনক নিদিৰ্ষ্ট ঠাই টুকুৰা দেখুৱাই দিলে। এনেতে নীলাক্ষীৰ ছোৱালী জনীয়ে মাকৰ সেই কাণ্ড দেখি ক'বলৈ ধৰিলে -কি কৰিছা তুমি ? ৰিক্সাৱলা এজনৰ প্ৰতি ইমান সহানুভুতি ! খং ৰাগ নকৰি নীলাক্ষীয়ে মাথোঁন ছোৱালী জনীক ক'লে-
                 "এতিয়া যদি  চাৰিচকীয়া এখন চলাই কোনোবা আঢ্যৱন্ত মানুহ এজনে তোমাৰ পৰা এনেকুৱা সহায় বিচাৰিলে হেতেন ! তেতিয়াহ'লে তুমি তেওঁক মুখ হাত মুচিবলৈ গামোচাখনো দিলা হেঁতেন।" মাকৰ উত্তৰত ছোৱালী জনীয়ে অত্যন্ত লাজ পালে।

পৃষ্ঠা ১৪
মন্দাৰমনি

মীনাক্ষি ৰায় ডাকুৱা
গোলকগঞ্জ, ধুবুৰী

জানুৱাৰীৰ ফৰকাল নীলা আকাশ । চৰাইৰ পালকৰ দৰে কোমল ৰ'দ । সহপাঠী ছয়জনী বান্ধৱী মিলি ভ্ৰমণসংস্থাৰ জৰিয়তে মন্দাৰমনি ফুৰিবলৈ আহিছে । ৰাতিপুৱা আটাইকেইজনী হোটেলৰ পৰা সমুদ্ৰ স্নানৰ বাবে ওলাই আহিল । মানালীৰ পিন্ধনত গোলাপী চেলোৱাৰ-কামিজ । কান্ধত এখন টাৱেল । বাকী কেইজনীৰ পিন্ধনত চুইমিং চ্যুট । সিহঁতে সাঁতুৰি ভালেখিনি দূৰলৈ গুচি গৈছে । মানালীয়ে সাঁতুৰিব নাজানে । সেয়ে তাই আঠুৱনী পানীলৈকে নামি ঘূৰি আহোঁতে বৰ ওখ ঢ‌উ এটাই যেন তাইক গিলিবলৈ আহিল । প্ৰাণৰ ভয়ত তাই দিশাহাৰা হৈ হাত-ভৰি এচাৰিবলৈ ধৰিলে । হঠাৎ মনত হ'ল, কোনোবাই যেন তাইক সযতনে নিজৰ কোলাত উঠাই ল'লে । তাই যেন মৃদু অথচ স্পষ্টভাবে শুনিলে—"ভয় নাখাবা । মই তোমাৰ কাষে কাষে আছোঁ ।" প্ৰচণ্ড উত্তেজনাত তাই চেতনা হেৰুৱাই পেলালে । জ্ঞান পাই মানালীয়ে দেখিলে, তাই সাগৰৰ পাৰত বালিৰ ওপৰত শুই আছে । সকলোৱে বেৰি ধৰি আছে তাইক । জয়লক্ষ্মীয়ে ক'লে যে, আমি দেখিলোঁ বিশাল এক ঢ‌উ তোমাক থাপ মাৰি তুলি লৈ আলসুৱাকৈ বীচত নমাই দি থৈ গ'ল । মানালীৰ চকুত বিহ্বলতা । লাহেকৈ তাই বিৰবিৰালে--
"তাক সঁচাকৈয়ে দেখিলোঁ নে ?"
ৰঞ্জিতাই সুধিলে—"কাক দেখিলা ?"
মানালীয়ে ক'লে—"ৰোহনক ।"

পৃষ্ঠা ১৫
অনুবাদ কবিতা ঃ

शरद चाँदनी

(सुमिॆन्ना नन्दन पंत)

शरद चाँदनी
विहँस उठी  माैन अतल
नीलिमा उदीसिनी !

आकुल साैरभ समीर
छल छल चल सरसि नीर,
ह्रदय प्रणय से अधीर,
जीवन उन्मादिनी!

अश्रु सजल तारक दल,
अपलक दुग गिनते पल,
छेड़ रहू प्राण विकल
विरह बेणु वादिनी!

जंगी कुसुम कलि थर थर
जगे रीम सिहर सिहर,
शशि असि सी प्रेयसि स्मूति
जगू ह्रदय ह्रादिनी!
शरद चाँदनी!

শাৰদী জোনাক ৰাতি

( মূল: হিন্দী:- সুমিত্ৰা নন্দন পন্তৰ
অনুবাদ:- প্ৰাণকৃষ্ণ গোস্বামী)

শাৰদী জোনাক ৰাতি ৷
উল্লসিত নিস্তব্ধ অতল
আকাশ উদাসিনী ৷

ব্যাকুল সুগন্ধি সমীৰণ
খল খল প্ৰৱাহিত পাৰ ভৰা নীৰ 
হৃদয় প্ৰ্মেৰে অধীৰ
জীৱন উন্মাদিনী ৷

অশ্ৰু সজল তৰাৰ দল,
অপলক দৃষ্টিৰে গণিছে ক্ষণ ,
সুৰৰ আৱেশত প্ৰাণ বিকল
বিৰহৰ বেণু বাদিনী ৷

কুসুমক কলি হালি জালি ফুলে ,
শৰীৰৰ ৰোমে ৰোমে শিহৰণ উঠে ,
চন্দ্ৰমাৰ কিৰণ যেন প্ৰেয়সীৰ স্মৃতি
জাগি উঠে হৃদয় আহ্লাদিনী ৷
শৰতৰ জোনাক ৰাতি ৷

( বিখ্যাত হিন্দী কবি  সুমিত্ৰানন্দন পন্তৰ ১৯০০ চনৰ ২০ মে'ত উত্তৰ প্ৰদেশৰ বাগেশ্বৰত জন্ম হয় ৷ ল'ৰা  কালত তেওঁৰ নাম আছিল গোসাঁই দাও ৷ ডাঙৰ হৈ তেওঁ বাৰানসীৰ  কুইন'স কলেজত ভৰ্তি হৈছিল ৷ যদিও ১৯১৯ চনত এলাহাবাদৰ ' মুইৰ  কলেজলৈ' যায় ৷ তাত মাত্ৰ দুবছৰ  পঢ়িয়েই তেওঁ সাহিত্যৰ প্ৰতি  আকৃষ্ট হৈ কবিতা ৰচনাত মনোযোগ দিয়ে  ৷ ১৯২৬ চনত তেওঁৰ কাব্য সংকলন ' পল্লৱ ' প্ৰকাশ পায়, যিয়ে তেওঁক হিন্দী সাহিত্যৰ নৱজাগৰণৰ এজন বাটকটীয়া ৰূপে প্ৰতিষ্ঠা কৰে ৷ ১৯৩১ চনৰ পৰা তেওঁ 'কলাকংকৰ ' নামৰ এক  নিবৃত স্থানত, প্ৰকৃতিৰ কোলাত ন-বছৰ কাল অতিবাহিত  কৰে ৷ এই সময়ছোৱাত তেওঁ গান্ধীজী, মাৰ্ক্স, ঋষি  অৰবিন্দ আদিৰ নানা গ্ৰন্থ অধ্যয়ন কৰে ৷ তাৰ পিছত তিনিবছৰ কাল অৰবিন্দ আশ্ৰমত কটাই, ১৯৪৬ চনত এলাহবাদলৈ ঘূৰি আহি একাগ্ৰ চিত্তে সাহিত্য চৰ্চাত মনোনিৱেশ কৰি নানা উৎকৃষ্ট সাহিত্য  (বিশেষকৈ কবিতা) ৰচনাৰে হিন্দী সাহিত্যক সমৃদ্ধি কৰি যায় ৷ তেওঁক সাহিত্য একাডেমী, জ্ঞানপীঠ আৰু পদ্ম ভূষণ উপাধিৰে  সন্মানিত কৰা হয় ৷ ১৯৭৭ চনৰ ২৮ ডিচেম্বৰত এইজনা প্ৰসিদ্ধ কবিৰ পৰলোক প্ৰাপ্তি ঘটে ৷)

পৃষ্ঠা ১৬
ভাৰত

মূল ( হিন্দী) : পাশ
অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন

মোৰ সন্মানৰ সকলোতকৈ মহান শব্দ
যাক যিকোনোতে প্ৰয়োগ কৰিব পাৰি
বাকী সকলো শব্দ অৰ্থহীন হৈ পৰে
এই শব্দৰ অৰ্থ
খেতিৰ সেই সন্তানৰ আছে
যি আজিও বৃক্ষৰ ছাঁতে সময় জোখে
তেওঁৰ কেৱল পেটৰ বাদে কোনো সমস্যা নাই
আৰু ভোক লাগিলেই
নিজৰ অংগও চোবাই খাব পাৰে 
তেওঁৰ বাবে জীৱনটো এক পৰম্পৰা
আৰু মৃত্যুৰ অৰ্থ মুক্তি
যেতিয়াই কোনোবাই সমগ্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় একতাৰ কথা কয়
তেতিয়াই মোৰ হৃদয়ে বিচাৰে তেওঁৰ টুপি বতাহত উৰুৱাই দিওঁ
তেওঁক কওঁ ভাৰতৰ অৰ্থ কোনো দুষ্টৰ সৈতে সম্বৰ্ধিত নহয়
বৰঞ্চ খেতিৰ সৈতে সংপৃক্ত
য'ত অন্ন উৎপাদন হয়,
য'ত দাগ লাগে।।।

পৃষ্ঠা ১৭
কবিতাঃ

নাহৰৰ ফাঁকেৰে উজাই আহে সপোন

ৰণ্‌জিত গগৈ

নাহৰৰ পাতৰ ফাঁকেৰে
সপোন এটা উজাই আহিছে


সেউজীয়া উদযাপিত কৰি তোলা
ওঁঠৰ সুহুৰি এটা
কোনে ফুকাই আছে

তুমি অহাৰ বাটে বাটে
বসন্ত নামিছে
হালি-জালি ফুলবোৰে
উৰুৱাই আছে আমাৰ মন আকাশৰ
শুকুলা ডাৱৰ ৷

দূৰৈৰ পৰাই ৰিং এটা মাৰি
কোনে ৰিঙিয়াই যায়
আজি শিমলুফুলাৰ আকাশে
জ্বলাই থাকিব আকাশ
নাহৰৰ পাতৰ ভাঁজত
অযুত সপোনৰ বাংময় বা 
হিয়াৰ কোঁহে কোঁহে
হেঁপাহৰ কি নাচোন

যেন এজাক খিলখিল হাঁহি হৈ
ভৰুণ হৈ থাকিব
নাহৰ পাতত
এজাক জোনালী সপোন ৷

পৃষ্ঠা ১৮
কেনে সময় এয়া

ৰীতা বৰুৱা


কেনে সময় এয়া !

উশাহে উশাহ চুব নোৱৰা
কথাই কথা

যি খবৰেই নোবোটলোঁ কিয়
সকলো শোকৰে গঁথা !


বুটাহীন
ৰঙা, হালধীয়া পাৰিৰ চাদৰ

নিজানৰ বাঁহীত কেৱল
পখীৰ গান

অথচ শেষৰ ঘাটত 
উজান 

দূৰৰ পৰাই দলিয়াই দিয়া
টোপোলাৰ 

ছফুট দীঘল আৰু 
দুফুট বহল  !        

পৃষ্ঠা ১৯
পিতাইৰ ভোক আৰু নাঙলৰ চকুপানী 

ৰুদ্ৰ সিংহ মটক 
আজাৰা
গুৱাহাটী
ফোন-৭০০২৩০৩৮৮২

সিদিনা প্ৰাত:ভ্রমণত 
ওলাই যোৱাৰ কথা আছিল

নগ’লো

পিতাইৰ লগত পথাৰলৈ ওলালোঁ খেদি খেদি বলদ হাল 
লাওমূৰাটো চবকাৰ পৰা উঠা চৈধ্য দিন হৈছে

পিতায়ে নাঙল জুৰিলে, বোকা দিয়াৰ কথা কাইলে ;
মাৰ স’তে চুবুৰিটোৰ ছজনীকৈ ৰোৱনী

(বতৰৰ কঠীয়া বতৰতে ৰুব লাগিব...) 

চেঙচেঙকৈ আহাৰৰ বেলি কপালৰ কূমত
গামোচাখন আঁটি আঁটি বান্ধি কঁকালত
আলিপাহ কটাত লাগিলো ধুমধাম

হঠাৎ জঁপিয়াই উঠিলোঁ আলিটোত
কলাফুলৰ তেজ পি সাতোটা  মহজোক সাতোটা 
লোধোপা চেলাপেটি 

ক’লা মেঘ আৰু বিজুলীৰ লৰাঢপৰা আকাশত

যোৱাবেলি ধাৰৰ টকাখিনি দিয়াই নহ’ল 
মহাজনক ; মনত কিবা এটা চেবাই গ'ল হঠাতে

মহাজন দেউতাৰ দ পথাৰৰ দুশ বিঘা মাটি 
পিতাইৰ নাঙলৰ ভোক শোক কঠিন চকুপানী দুটোপাল

কাণকুৰিকা 
কাণকুৰিকা

লাওমূৰাৰ গলধনত তোৰ দুপৰৰ ভোকৰ 
কেইটা চিকৰা ? ... 

আঘোণৰ গৰুগাড়ীত সোণোৱালী লখিমী আহিবনে
মোৰ পিতাইৰ চোতাললে’ ? 


[বি দ্ৰ, কাণকুৰিকা হ’ল শালিকা জাতীয় এবিধ চৰাই। বাৰিষা হালখন ৰাখি হালোৱাই জলপানকেইটা    
খাবৰ  সময়ত ইহঁত আহি বলদৰ গাত পৰেহি। কাণ বা গলধনত থকা চিকৰাবোৰ খুটি খায়।]

পৃষ্ঠা ২০
অকণমান নিমজ ৰঙা

কিশোৰ মনজিৎ বৰা
ফ'ন ৭০০২৮৮৮৮৪৩

ভৰপক
অকণমান ৰঙা
বগা হোৱালৈ

কলপতীয়া ভাবনাৰ নেদেখা নিসৰ্গ
পাহৰিলো কেতিয়াবাই

অকণ ৰঙা
ওঁঠত
নাভিৰ এন্ধাৰত

মৃত্যুক পৰোৱাই 
নকৰিবলৈ
এই ৰঙা

এনাও চকুপানীতো
নেইলপলিচৰ মুকুতা বুটলিবলৈ
অকণি ৰঙা
বৰ দৰকাৰ

পৃষ্ঠা ২১
গাওঁবোৰ চহৰ হোৱাৰ পৰা

বীৰেন চমুৱা
ঢকুৱাখনা

গাওঁবোৰ চহৰ হোৱাৰ পৰা
সপোনবোৰ ধূসৰিত হ'ল
আশাবোৰ বাষ্পায়িত হ'ল
গছবোৰ নোহোৱা হোৱাৰ পৰা
পখীৰ মাতত
 টোপনিৰ আমেজ নভঙা হ'ল
এতিয়া মাথোঁ চৌদিশে
 ধূলিৰ আৱাহন
উশাহবোৰ গধুৰ, নিথৰ...
নিমজ মজিয়াত 
টাইলছৰ কৃত্ৰিম প্ৰলেপ
তথাপি জীৱন নিৰৱধি
সপোনৰ দিশে গাঁৱৰ সহজ জীৱন 
সময়ৰ হাত ধৰিও
আমিবোৰ সেউজীয়াৰ  অপেক্ষাত।

পৃষ্ঠা ২২
শৈশৱ, 
মোৰ সোণালী শৈশৱ...

জ্যোতিমণি শইকীয়া বৰুৱা
টেকেলা গাঁও, যোৰহাট।

খুলি দিলো পূবৰ খিৰিকী
সোমাই আহিল অতিথি বেলিৰ ৰেঙণি,
সৰাপাত গচকি অহা বেলিৰ পোহৰে 
খুলি দিলে হিয়াৰ কপাট,
সুবাসিত হ'ল সময়...

বতাহৰ মিঠা সুহুৰিত,
অনিবাৰ্য আকৰ্ষণত
সন্মোহিত শৈশৱ, মোৰ সোণালী শৈশৱ...

শৈশৱ অ', তোৰ স্মৃতিয়ে আমনি কৰিলে 
মই মৌন হৈ পৰোঁ,
তই পীৰা পাৰি বহি আছ মোৰ বুকুত...

ৰবাব টেঙাৰ বল খেলা শৈশৱৰ দুভৰি,
সেন্দূৰ চটিওৱা বেলিৰ ৰঙৰ আবেলিবোৰত
ফটাকানি মেৰিওৱা বলেৰে
চাটগুটি খেলা শৈশৱৰ দুহাত,
বৰষুণ পৰা আবেলি
অসমীয়া-ইংৰাজী শব্দৰ শৃংখল আৰু মানচিত্ৰত কৰা সৰু সৰু শব্দৰ সন্ধান !

আঃ কি মন মতলীয়া হেঁপাহ !
তোৰ অনুভৱে লৈ যায় মোৰ কলিজাক
হেঁপাহ ভৰা চিন্তনৰ বৰ চোতাললৈ

শৈশৱ, তোৰ সতে অনুভৱ কৰিম
এটি সঁচা পেঁপাৰ সুৰ,
অতি সোনকালে এজাক বৰষুণ নামিব,
সেমেকাব বিষাণুৰ সন্ত্ৰাস...

পৃষ্ঠা ২৩
গান্ধীৰ দেশত এতিয়া তুমি আৰু মই

ৰিণ্টু টায়ে

স্বাধীন  আকাশ নীলা
স্বাধীন দেশৰ পথাৰ সেউজীয়া
বাটে ঘাটে এতিয়া
স্বাধীন মনৰ পৰাধীন মানুহ ।

জুৰাচিক যুগৰ গান গোৱা 
পাথৰৰে  পাতিছোঁনে হৃদয়ত শিলাময় বাগিচা ? 
অহিংসাৰ বাণী বাজেনে বৈৰাগীৰ বীণাত
এতিয়া ?
তোলেনে সকৰুণ তান মানৱ প্ৰেমৰ ?
বহুপ্ৰত্যাশী  স্বৰাজ আজি আমাৰ হাতত ।
গগণ চুম্বী সেউজীয়া পাহাৰ 
শিল মাটি একাকাৰ তাতে 
খামুচি বাঢ়ে সেউজীয়া গছ
কত খৰস্ৰোত জল প্ৰপাত 
গণৰাজ্য, ৰামৰাজ্য ইয়াত
আছে নে কিবা সংঘাত ?
স্বাধীনতা অতি মৰমৰ 
বন্দী নেতাৰ ক্ৰন্দন
মুক্ত আকাশত উৰে  স্বাধীন পক্ষী 
দেশ দেশান্তৰ মুকলি অন্তৰ

পৃষ্ঠা ২৪
নদী আৰু কবি 

কৰবী বৰ্মন কলিতা 
গুৱাহাটী 

বোৱঁতী নদীখন কিয় 
বাৰু প্ৰিয় তেওঁৰ ?
কবিয়ে কৰে আলাপ 
নদীৰ সৈতে ।
নদীৰ ঘাট তেওঁৰ প্ৰিয়
সুখ- দুখৰ সমভাগী কৰি 
গঢ়ি তোলে,
 এক সহৃদয়তা ।

সকলো উজাৰি কয় 
বুকুৰ বেথা ।

তেওঁৰ বাবে
   নদী হয় ঠিকনা
তেওঁৰ বাবে
    নদী হয় কল্পনা ।

পৃষ্ঠা ২৫
তুমিতো জানাই স্নেহাকাশ

জেপোলিন ৰাজকুমাৰী

বহাগ বনৰ নিমফুলীয়া দুপৰীয়া এটিৰে
বৈ আহিছে 
বাঙ্ময় শব্দচয়ন

তুমিতো জানাই স্নেহাকাশ
গুঞ্জৰিত ঢৌ বৰষিছে
বতৰ এতিয়া সলনি হোৱাৰ বতৰ

উৰি বা বলাই সেউজবোৰ আহিছে 
বনফৰিং দেও দি 
চিকিমিকি তীৰে উষ্মতা ভৰিছে 

অন্তহীন আকাশৰো আজি 
সুৰাৰোপিত মেহফিল

স্নেহাকাশ, তুমিতো জানাই 
আন্দোলিত ৰিমঝিম এটিৰে 
বৰ্ণময় চ'ৰা হৈ 
জোনাক ভৰাৰ ল'হৰী খেলিছে ।।

পৃষ্ঠা ২৬
শৰৎ আৰু তুমি

অনামিকা শইকীয়া 
যোৰহাট
            
তোমাৰ দুবৰিৰ দলিচাত
এপাহ শেৱালি হৈ সৰিম

       সুঘ্ৰাণেৰে সন্ধিয়া তোমাৰ পদুলিত
         শুকুলা আৱৰণ পিন্ধিম

নিঁয়ৰৰ মুকুতাৰে আভৰণ সাজি
তোমাৰ পদুলিত শাৰদী আনিম
   
      কঁহুৱাৰ সৈতে শৰতৰ কথা  পাতিম
     আহিনৰ ভিজা ভিজা সন্ধিয়াৰ পৰশত

স্নিগ্ধ নিঁয়ৰে কাণে কাণে গাই যায়
সমীৰণৰ সুৰ তুলি হৃদয় ঝংকাৰী
  
       তুমি অহাৰ বাটতে ৰৈ থাকিলোঁ মই
        নিৰিবিলি পদুলিত জীৱনৰ ৰং সলাই৷

পৃষ্ঠা ২৭
দুৰ্গতিনাশিনী

চম্পা দাস দুৱৰা 
গৌৰৱ নগৰ
শিৱসাগৰ  

যুগে যুগে পূজিতা মহিষমৰ্দিনী , দেৱী দূৰ্গা 
নৱপত্ৰিকা ৰূপে উপাসনা কৰি
হওঁ আৰ্শীষ ধন্যা ৷
ভিন্ন  নামেৰে তুমি অলংকৃতা
কাত্যায়নী, কালী ,ত্ৰিনয়না, চামুণ্ডা, বাসন্তী, উমা
কিম্বা দূৰ্গতিনাশিনী  দশভূজা 
অন্যায় অধৰ্মক বিনাশি
দুষ্টক দমন কৰি 
শান্তিৰ অঞ্জলি দিয়া
মৰতত ঢালি ৷
তুমিয়েই অনন্ত শক্তি,
সৃষ্টিৰ আধাৰ
জীৱ জগতৰ সবৰ্ত্ৰে বিৰাজমান
দুৰ্গতিনাশিনী দেৱী  দূৰ্গা ৷

অনন্ত শক্তিস্বৰূপা , তেজোদ্দীপ্ত 
যৌৱনময়ী নাৰী দূৰ্গা
যাৰ পৰশত বৰ্ষাসিক্ত হৈ
পৃথিৱী হয় সগৰ্ভা
শইচৰ অমল ভাণ্ডাৰে
কঢ়িয়াই আনে সাহস, প্ৰেৰণা
উৎসাহ ,অন্ন আৰু
জীয়াই থকাৰ দুৰ্বাৰ বাসনা।

দুষ্টক দমন ,সন্তক পালনৰ হেতু 
তোমাৰ জনম
সমাজৰ আসুৰিক শক্তি
আজিয়ো বিদ্যমান  
যাক নাশিবলৈ প্ৰয়োজন তোমাৰ ৷
হে,দুৰ্গতি নাশিনী ,
সময়ৰ আহ্বান
অশুভ শক্তিক বিনাশি
আঁকি দিয়া শান্তি সম্প্ৰীতিৰ
এখন শুভ্ৰ সমাজ
শৰতৰ স্নিগ্ধ আকাশৰ দৰেই !

পৃষ্ঠা ২৮
আচঁনিৰ বাচনি

মিতালী শৰ্মা

পেট্ৰলৰ বাঢ়িল  দাম
নল‌ওঁ গাড়ীৰ নাম,
সাউৎকৰে যাবলৈ হ'লে
খোজ কাঢ়িয়ে যাম।

 মিঠাতেলৰ বাঢ়িল দাম
ব‌ইল আঞ্জা পাচলি খাম,
আনৰ ঘৰৰ পোলাও বিৰিয়ানিৰ গোন্ধলৈ মনত সান্তনা ল'ম !

গাড়ীৰ ভাড়া বাঢ়ি গ'ল
ঘৰৰ বাহিৰ নহ‌'ম,
চুকৰ ভেকুলী চুকতে আমি
আকৌ পৰি ৰʼম ।

কাপোৰৰ দাম বঢ়িল
বেয়া পোৱা নাই
হাফপেণ্ট ,বিকিনিৰে
জীৱন চলি যায়।

বিজুলীৰ বিল বাঢ়িল
একো আপত্তি নাই
ফুট গধূলিতে এগাল খাই
বিছনা ল'ম ভাই।

শাক-পাচলিৰ দাম বঢ়িল
তাতো আপত্তি নাই,
BPL আচঁনিৰ চাউল আছে
কিহৰ চিন্তা ভাই ?

কৰ্টত গৈ বিয়া পাতিম
সোণ যৌতুকত পাম,
টানে-আপদে তাকে 
কেতিয়াবা বন্ধকত থ'ম।

মোৰ শ্ৰীমতী গোটত সোমাই
ল'ব কেইবাটাও লোণ
হাতত থাকিব ডাঙৰ মোবাইল
আৰু মাৰিব ধুন।

পৃথিৱীলৈ সন্তান অহাৰ আগতেই
আশাকৰ্মীয়ে হিচাবে ল'ব
অংগনবাদীয়ে আইৰণ, ফলিক 
সকলো যোগাৰ দিব।

কণ্যা সন্তান হ'লে ভালেই হ'ব
মা-জনী আঁচনি পাব,
একেলগে নেদেখা পাঁচ হাজাৰ টকা
তাইৰ নামত হ'ব।

চাউল পাব, মটৰ পাব 
আৰু পাব চুজি
ফ্ৰী বস্তুৰে ঘৰ ভৰিব
কিমান বাৰু খাবি ?

ল'ছলি যাব স্কুললৈ
দূপৰীয়া সাজ খাব
সাজ-পোছাক কিতাপ-পত্ৰ 
সকলো বোৰ পাব।

আৱাস যোজনাৰ ঘৰ পাম
আৰু পাম অনাময়
অৰুনোদয় আঁচনিৰ ধন পাম
কালৈ কৰিম ভয় ?

বাই, ভনীৰ কথা চিন্তা নকৰোঁ
বাইদেউ আঁচনি পায়
নবৌ জনীয়েও নিজাববীয়াকৈ
নবৌ আঁচনিৰ ধন পায়।

বৃদ্ধ পেঞ্চন আই-বোপায়ে পাব
নাই কোনো টেনচন্
মই মৰিলেও শ্ৰীমতীয়ে 
পাবই বিধবা পেঞ্চন ।

পৃষ্ঠা ২৯
এই বেলি শৰৎ

মিতালী শৰ্মা
উলুবাৰী (গুৱাহাটী)

এই বেলি শৰৎ মোৰ
চোতাল ভৰা শেৱালিৰ
মিচিকিয়া হাঁহি ।

উতলা প্ৰেমৰ মাদকতা সানি
সন্ধ্যা অলকাপুৰীত,
মৃদু মৃদু শীতল বা
জোনাকত তিতিছোঁ
তুমি আৰু মই
শৰৎ হ'ব আমাৰ 
প্ৰেমৰ সাক্ষী...

ৰূপালী ৰচিৰে বগাম আমি
পামগৈ জোনবাইৰ দেশ
তাতেই সপোনৰ ঘৰটি পাতিম
জিৰাম  সপোন পুৰীত...

পৃষ্ঠা ৩০
তই যে নাই

পৰিস্মীতা পৰাশৰ

আহিনৰ সেই গধূলি আৰু নাহিবি
 
তলসৰা শেৱালি আজি বুটলিব নেপাই
পিতাই তই যে নাই..

এজাক বেদনা হৈ বতাহ বৈ আহিছিল
ৰূপালী চুলিত তৰা ফুলাই
তোক লৈ গৈ
নিদিলে ঘূৰাই।।

গুমগুমাই বাজি আহিছিল
কলিয়া ডাৱৰৰ বুকুৰ গান
তই যে নাই 
তই যে নাই..।।

কিনকিনিয়া বৰষূণত ঢলি পৰিছিল মৰহা বেলিটো

অ' পিতাই...
আকাশত তৰা জিলিকাবলৈ
জোন আজি নোলাইহে নোলাই

সৰসৰকৈ খহি পৰিল
মৰহা ফুলৰ কলা পাপৰিবোৰ

নিয়তিয়ে বৈ নিচিল
কলা পাপৰিৰ স্মৃতিৰ ৰঙবোৰ..
পিতাই তই যে আৰু নাই।।

পৃষ্ঠা ৩১
ব্যস্ততা...

গোপাল কৃষ্ণ বাঢ়ৈ,
টীয়ক
ফোনঃ৮৬৩৮৩১৬০৭৩

বহুদিন হ’ল নিজানত বহি আত্মালাপ নকৰা৷
জোনাকত তিতি গুণগুণোৱা নাই ভালপোৱাৰ গান…
লিখা নাই প্ৰেম-বিষাদৰ,
হাঁহি অথবা চকুলোৰ কবিতা…
মূৰ তুলি সুনীল আকাশলৈ চোৱা নাই…
তৰা গণা নাই ৰাতি ৷
নদীখনৰ কাষলৈও যোৱা নাই…
কঁহুৱাবোৰৰ সৈতে আলাপ কৰা নাই…
ভাল পোৱাবোৰ বাঢ়ি আহিবলৈ দিয়া নাই বুকুত ৷
সেমেকা দুচকুত বাঢ়িব বিচৰা বিষাদবোৰ সামৰি থৈছোঁ গোপনে ৷
কথাবোৰ কাকো কোৱা নাই ৷
এনেকৈ আজি সকলোৰে এসাগৰ ব্যস্ততা…
আপোনাতকৈ মই ব্যস্ত,
এনে এক অঘোষিত প্ৰতিযোগিতাত ব্যস্ত সকলো৷
ব্যস্ততাৰ অজুহাততে মানুহবোৰে নিজক হেৰুৱাই থাকে,
অৱহেলাৰে হেৰুৱাই থাকে আপোন মানুহবোৰ…
সম্পূৰ্ণবোৰত ঘূণে ধৰে ৷
বহুতৰ বাবে ব্যস্ততাবোৰ আকৌ আত্মগোপনৰ অভিনয় ৷

পৃষ্ঠা ৩২
অপূৰ্ণ প্ৰীতি

মৌচুমী গগৈ
মাৰ্ঘেৰিটা(অসম)

মোৰ বাবে তুমি প্ৰিয়
ৰচিছা যত সপোন,
কালৰ বলুকাত
যদি ছিন্ন হয় হিয়া
হ'ব জানো পূৰণ,
নে মৰণহে হ'ব আপোন !

মই যেন দেখা নাই, তাজ
শিলৰ নে শোণিতৰ..
চিনা নাই মই, প্ৰীতি
শৰীৰ নে হৃদয়ৰ..!

মাথোঁ জানো,
কাহিনী যে নাথাকে প্ৰিয়
অপূৰ্ণ প্ৰেমৰ..।

পৃষ্ঠা ৩৩
শিশু বিশেষঃ

পিতৃ-মাতৃৰ বৃদ্ধাৱস্থাত অকণমানো অৱজ্ঞা নকৰিবা

     দিবাকৰ ৰেণু

মৰমৰ কণমানিসকল।তোমালোকৰ শুভ হওক।আজি এটি ঘূৰি ফুৰা (মই শুনা, মূল লেখক অজ্ঞাত) কাহিনীৰে আৰম্ভ কৰিছোঁ‌-

এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে তেওঁৰ বৰপুত্ৰৰ সৈতে এটি সুন্দৰ পুৱা ঘৰৰ বাৰাণ্ডাত বহি আছিল। সেই সময়তে সন্মুখৰ বাগিচাখনৰ  এজোপা গছত কাউৰী এজনীয়ে আহি কা কা কৈ চিঞৰিবলৈ ধৰিলে। সেই দৃশ্যটো তেনেই স্বাভাৱিক। কিন্তু সেই বয়োজ্যেষ্ঠ ব্যক্তিজনে পুত্ৰক সেইটো কি চৰাই সুধিলে। পুত্ৰই অলপ আচৰিত হ'ল যদিও দৈনিক কাকতখনৰ প্ৰথম পৃষ্ঠাটোৰ পৰা মূৰ নোতোলাকৈয়ে ক'লে "কাউৰী দেউতা"। এনেকৈ আৰু কিছুসময় যোৱাৰ পিছত আকৌ কাউৰীজনীয়ে বাৰাণ্ডাৰ বেৰত আহি পৰিল। সেইবাৰো দেউতাকে পুত্ৰক সুধিলে  "বাবা, কি চৰাই সেইটো ?" এইবাৰ পুত্ৰই বৰ বিৰক্তিৰে উত্তৰ দিলে "দেউতা কাউৰী অ' কাউৰী। তুমিও যে আৰু !"
   তাৰ খন্তেক পিছতে  কাউৰীজনীয়ে আকৌ আহি ঘৰৰ ওলাই থকা ৰ'ডডালত পৰিলে।এইবাৰো পুত্ৰলৈ একেই প্ৰশ্ন কৰিলে সেই জ্যেষ্ঠ ব্যক্তিজনে। পুত্ৰই এইবাৰ ইমানে বিৰক্তিবোধ কৰিলে যে তেওঁ দেউতাকক খঙেৰে ক'লে "দেউতা সেইটো ম'ৰা চৰাই। মই ইয়াত বহিলে তুমি পাগল কৰিবা দেই।"
এনেকৈ কৈয়ে তেওঁ কাকতখন মেজত দলিয়াই থৈ ভিতৰলৈ বুলি খোজ ল'লে। দেউতাকে এইবাৰ থিয় হ'ল আৰু পুত্ৰক ক'লে "বাবা ,তুমি মোক অলপ সময় দিয়া। মই ভিতৰৰ পৰা আহি আছোঁ‌।" অকণমান ৰ'বাদেই। পুত্ৰই  কিছু বিৰক্ত হ'ল যদিও দেউতাকে কোৱা মতে চকীখনতে অলপ বহি ৰ'ল আৰু কিছুসময় পিছত ভিতৰৰ পৰা দেউতাকে এটি পুৰণি ডায়েৰী আনি পুত্ৰৰ হাতত দিলেহি। তাৰেই এটি পৃষ্ঠা পঢ়িবলৈ পুত্ৰক অনুৰোধ কৰাত পুত্ৰই সেই পৃষ্ঠাটো পঢ়িবলৈ আৰম্ভ কৰিলে

 আজি ২৯ আগষ্ট, ১৯৮৫ । পুৱাই কিনকিনীয়া বৰষুণ। সেই সময়তে মই বহি আছিলোঁ‌--আমাৰ বাৰাণ্ডাত। সন্মুখত অজস্ৰ ফুল ফুলি আছিল। মই ডায়েৰীটো লৈ কিবা এটা লিখিম বুলি ভাবি থাকোতে শ্ৰীমতীয়ে মোৰ একমাত্ৰ সন্তান বাবাক মোৰ কোলাত দি গ'লহি। সি মোৰ কোলাত সিমান সুখী নহয়, কিন্তু মই মোৰ যথাশক্তিৰে তাক সন্তুষ্ট কৰিবলৈ বিচাৰোঁ‌। তাৰ  অকণমান মাত ফুটিছে। কিন্তু স্পষ্টকৈ নহয়। বাগিচাখনৰ অজস্ৰ ফুলবোৰ তাক দেখুৱাই দি যিমান পাৰোঁ‌ পিতৃৰ দায়িত্ব ৰক্ষা কৰিছোঁ‌। কিন্তু মই ব্যৰ্থ হৈছোঁ‌। তেনে এক সময়তে  কাউৰী এজনী আহি আমাৰ সন্মুখত পৰিলহি। কি আচৰিত কথা, কাউৰীজনীক দেখি সি মোক প্ৰথমবাৰৰ বাবে প্ৰশ্ন কৰিলে "দেতা  সেইটো কি ?" মই তাৰ প্ৰথমবাৰৰ বাবে মাতষাৰ শুনি আনন্দত চিঞৰি উঠিছিলোঁ। শ্ৰীমতীয়েও ভিতৰৰ পৰা ভিজা চুলিটাৰি আচুৰি আচুৰি  উধাতু খাই আহিল।আমি দুয়ো তাক সিদিনাখন এজনী কাউৰী চৰাইক গোটেই দিনটো চিনাকি কৰাই দিলোঁ‌।প্ৰায় ৪০ বাৰতকৈ অধিকবাৰ সি কাউৰীজনীক দেখিলে ,আঙুলিয়াই সুধিছিল "দেতা সেইটো কি ?"  মই কিন্তু এবাৰো ভাগৰি পৰা নাছিলোঁ‌। মই আনন্দত আত্মহাৰাহৈ পৰিছিলোঁ। কাৰণ মোৰ সন্তানে প্ৰশ্ন কৰিব পৰা হৈছে।

আজিৰ দিনটো শ্ৰীমতী আৰু মই বাবাৰ সেই প্ৰশ্নটোকলৈ ব্যস্ত থাকিলোঁ। নিশা সি আমাৰ মাজত অৱশহৈ শুই আছিল। কাউৰীজনীক ধন্যবাদ। তাইৰ বাবে মই আজি সন্তানৰ মাত শুনিবলৈ পালোঁ‌। কাইলৈ আকৌ যেন কাউৰীজনী আহে সেই আশাৰে। সময় নিশা ১০ঃ৩০।

    ডায়েৰীৰ এই পৃষ্ঠাটো পঢ়ি পুত্ৰৰ চকু চলচলীয়া হৈ পৰিল। তেওঁ পিতৃৰ ওচৰত খন্তেক সময় আগতে কৰা ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰিলে। 

  দেখিলানে মৰমৰ কণমানিহঁত পিতৃ-মাতৃক আমাৰ শিশুকালত আমি কিমানযে প্ৰশ্ন কৰোঁ ,কিমানযে কষ্ট হয় আমাৰ আলপৈচানত ,সেয়া তেওঁলোকেহে জানে। আমি শৈশৱত কৰা সকলো ভাল-বেয়া কামৰ বাবে সুখ আৰু দুখ আমাৰ পিতৃ মাতৃয়ে লাভ কৰে। তোমালোকে  যেতিয়া লাহে লাহে ডাঙৰহৈ আহিবা ,তোমালোকৰ শৈশৱৰ আলপৈচান ধৰা পিতৃ-মাতৃৰো বয়স বাঢ়ি আহিব। বয়স বঢ়াৰ লগে লগে  কাণ গধুৰ হয়, চকুৰ দৃষ্টিশক্তি কমি যায়।শৰীৰৰ সকলোবিলাক অংগ অচল হয়। তেনে সময়ত বৃদ্ধা বৃদ্ধসকলক মৰমৰ প্ৰয়োজন। কিন্তু তাকেই নকৰি বহুতে বৃদ্ধসকলক অবজ্ঞা কৰে।বহুতে বৃদ্ধাশ্ৰমত ৰাখে। তেনে কৰাটো অনুচিত।পিতৃ-মাতৃৰ প্ৰতি সেৱা সকলো সন্তানৰ কৰ্তব্য।তোমালোকে তোমালোকৰ পিতৃ-মাতৃ, ককা-আইতা বা আন আন  বয়োজ্যেষ্ঠসকলক সেয়ে অৱজ্ঞা নকৰিবা। তেওঁলোকক সেৱা কৰিবা, সন্মান কৰিবা। আনক সন্মান বা মৰম দিলে, নিজেও মৰম পাবা। মৰমৰ দৰে পবিত্ৰ চিন্তা একো নাই। সকলো মৰম আৰু প্ৰেমেৰেই বান্ধ খাই আছে।
তোমালোকৰ  শুভ হওক।

(সংগৃহীত কাহিনীৰ আধাৰত )

পৃষ্ঠা ৩৪
ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ২৪

আন্দামান ( Neil Island)

শমীষ্ঠা বৰ্মন
নতুন দিল্লী

ওৰে দিনটো Havelock Island ত কটাই গধূলি আমি Neil Island লৈ গৈছিলোঁ ৷ জাহাজেৰে আহোঁতে আমাৰ এঘণ্টা মান সময় লাগিছিল ৷ সাগৰ তীৰৰ পৰা 'হোটেল'লৈ লৈ যাবলৈ এইবাৰ নতুন এজন বঙ্গভাষী 'ড্রাইভাৰ' আহিছিল ৷ অচিনাকি ঠাইত  প্রতিবাৰেই একো একোজন অচিনাকি লোকৰ সান্নিধ্য লাভ কৰি আছিলোঁ , কেতিয়াবা ভাবিলে মনত নানান কথাৰ উদয় হৈছিল ৷ সৰুতে মা - দেউতাৰ মুখত বৰকৈ শুনিছিলোঁ , অচিনাকি লোকৰ হাতত পৰিলে হেনো মানুহে মানুহক বজাৰত বেচি দিয়ে ! অৱশ্যে তেওঁলোকৰ কথাবোৰ নিৰাধাৰ নাছিল ৷ আজিৰ যুগতো তেনে বেয়া মানুহ নোহোৱা নহয় ৷ কিন্তু তেনে বেয়া মানুহৰ তুলনাত ভাল মানুহৰ সংখ্যা নিশ্চয় সৰহ ৷ তাৰ সতে আছে বিশ্বাসৰ প্রলেপ ৷ সেইবাবেই ঈশ্বৰসৃষ্ট সংসাৰখন এতিয়াও সুন্দৰ হৈ আছে আৰু পৃথিৱীৰ চুক - কোণৰ মানুহে পৃথিৱীৰ চাৰিওফালে সুন্দৰৰ সন্ধান কৰি ঘূৰি ফুৰিছে ৷ আমিও সুন্দৰৰ সন্ধানতে সাগৰৰ পানী পাৰ হৈ আন্দামানলৈ আহিছিলোঁ ৷
            'হোটেল' আহি পাওঁতে সন্ধিয়া নামিব ধৰিছিল ৷ আমি আৰু ক'লৈকো যাবলৈ ইচ্ছা কৰা নাছিলোঁ ৷ ইচ্ছা কৰিলেও লাভ নাছিল ৷ কাৰণ যিকোনো Beach ৰ পৰা উভতি অহা মানেই মোৰ আৰু মা'ৰ প্রধান কাম তিতা কাপোৰবোৰ ধুই সোনকালে শুকাব পৰাকৈ মেলি দিয়া ৷  সেইদিনা অৱশ্যে বতৰো বৰ ভাল নাছিল ৷ সেইবাবে লৰালৰিকৈ কাপোৰবোৰ ধুই মেলি দিছিলোঁ ৷ কাৰণ মই এদিনৰ জোখৰহে কাপোৰ লৈ গৈছিলোঁ ৷ সেইকাৰণে কাপোৰবোৰ নুশুকালে পিছদিনা পিন্ধিবলৈ অসুবিধা হ'ব ৷ মই আৰু মা'ই নিজৰ নিজৰ 'বাথৰুম'ত কাপোৰ ধুই থাকোঁতে ল'ৰা - ছোৱালীহালে T V চাই আছিল , দেউতাই কিবাকিবি লিখি আছিল আৰু এওঁ বাহিৰলৈ গৈ ওচৰে - পাঁজৰে পাক এটা মাৰি আহিবলৈ গৈছিল ৷ কাপোৰ মেলি দিয়াৰ সময়ত কিনকিনিয়াকৈ বৰষুণ দিবলৈ ধৰিছিল ৷ এৱোঁ উভতি আহি পোৱা নাছিল ৷ আমাৰ ফোনবোৰেও তেতিয়া তাত ভালদৰে কাম কৰা নাছিল ৷ গতিকে এওঁৰ সন্ধান লোৱাটো সম্ভৱপৰ নাছিল ৷ 
          বৰষুণ এৰাৰ পাছত এওঁ স্থানীয় কাপোৰৰ দোকানৰ পৰা সকলোৰে বাবে কেইপদমান Inner garments লৈ আহি মোৰ শুকান কাপোৰৰ চিন্তাৰ কিছু শাম কটাই দিছিল ৷ উভতি আহি এওঁ জনাইছিল যে ওচৰে - পাঁজৰে বিশেষ ফুৰাৰ কোনো ঠাই নাই ৷ কেৱল দুখনমান দোকান আছে , সেয়াও বন্ধ কৰিবৰ যো - জা চলি আছিল ৷ বতৰ তেতিয়াও বেয়া আছিল ; বৰষুণ বন্ধ হোৱা দেখি আমি 'হোটেল'ৰ কাষত থকা 'ধাবা' এখনত ৰাতিৰ আহাৰ গ্রহণ কৰিবলৈ গুচি গৈছিলোঁ ৷ আমাৰ বাবে ৰাতিৰ আহাৰ ইতিমধ্যে তৈয়াৰ কৰি থোৱা আছিল ৷ আমি 'পোর্ট ব্লেয়াৰ'ৰ 'হোটেল'ৰ মালিকজনকহে সকলো 'পেমেণ্ট' কৰিছিলোঁ , তাৰ বাহিৰে কোনো ঠাইত কোনো কাৰণতে টকা পৰিশোধ কৰিব লগীয়া হোৱা নাছিল ৷ অৱশ্যে Water Sports কৰিব খুজিলে সেয়া আমাৰ ব্যক্তিগত নির্ণয় আৰু ব্যক্তিগত খৰচ আছিল , সেয়া আমাৰ Pakage ত অন্তর্ভূক্ত নাছিল ৷ 
           ৰাতিৰ ভাতসাজ খাই উঠি খোজ কাঢ়ি Neil Island ৰ সেই ঠাইডোখৰ অকণমান ঘূৰি - পকি চাওঁ বুলি ভাবি অলপ সময় খোজ কাঢ়িবলৈ ধৰিছিলোঁ ৷ এফালে আগুৱাই যাওঁতে সৰু আকাৰৰ এটা চৰকাৰী কার্য্যালয় দেখিবলৈ পাইছিলোঁ ৷ আমি যিফালেই গৈছিলোঁ সিফালেই কেইখোজমান আগুৱাই গ'লেই সীমা সমাপ্ত হোৱা যেন লাগিছিল ৷ এফালে কেইখোজমান আগুৱাই গ'লে বঙ্গোপসাগৰৰ পানী দেখিবলৈ পোৱা গৈছিল ৷  মনতে ভাবিছিলোঁ এই সৰু দ্বীপ এটাত কি দৃশ্য দেখুৱাবলৈনো আমাক পঠিয়াইছে ৷ সাগৰখনক বাদ দিলে নীল দ্বীপৰ আমি থকা ঠাইডোখৰ অসমৰ সৰু এখন গাওঁ যেনহে লাগিছিল ৷ ওচৰে - পাঁজৰে সৰু সৰু দুখনমান কাপোৰৰ দোকান , এফালে জোতা - চেণ্ডেলৰ দুখনমান দোকান , সৰু এখন সাগৰৰ তলিত পোৱা সামগ্রীৰ দোকান , শাক - পাচলি আৰু মাছৰ বজাৰ এখনেৰে সেই ঠাইডোখৰত মোৰ মামাহঁতৰ গাওঁখনৰ ছবিহে দেখিবলৈ পোৱা যেন লাগিছিল ৷ আমি ভাত খোৱা 'ধাবা'খনৰ কাষত এগৰাকী তিৰোতাই সাগৰীয় সামগ্রীৰে সৰু অস্থায়ী দোকান এখন পাতি বহি আছিল ৷ আমি তাত সোমাই টুক - টাক দুই - এপদ বস্তু চাই সময় অতিবাহিত কৰিবলৈ ধৰিছিলোঁ ৷ তাত অৱশ্যে কিনিবলৈ কোনোধৰণৰ নতুন বস্তু নাছিল ৷ সকলো সামগ্রী মূল ভূমিৰ পৰা জাহাজেৰে আমদানি কৰা হৈছিল ৷ গতিকে বজাৰত সময় নষ্ট কৰাৰ কোনো অর্থই নাছিল ৷ আমি সেই সৰু দোকানখনত থাকোঁতে তিৰোতাগৰাকীয়ে আমাক চিনি পোৱা বুলি জনাইছিল ৷ মনতে প্রশ্ন কৰিছিলোঁ , জীৱনত প্রথম বাৰ নীল দ্বীপলৈ গৈছিলোঁ , তেনে স্থলত  আমাকনো ক'ত কেনেকৈ দেখিছিল ? মা আৰু মই ইজনে - সিজনক চাবলৈ ধৰিছিলোঁ ৷ তেতিয়া তিৰোতা গৰাকীয়ে আমাক Havelock Island ৰ Radhanagar Beach ত থকা বজাৰখনত দেখা পোৱা বুলি কৈছিল ৷ দিনৰ ভাগত তেওঁ হেনো তাত বজাৰ মেলে আৰু ৰাতি নীল দ্বীপত ৷ তিৰোতা গৰাকীৰ সতে কিছু সময় কথা পাতিছিলোঁ ৷ তেওঁৰ মাকৰ ঘৰ হেনো কলিকতাত , বছৰেকত দুবাৰমান মাকৰ ঘৰলৈ যায় আৰু যেতিয়া  যায় তেতিয়া তাৰ পৰাই দোকানৰ বাবে সামগ্রী লৈ আহে ৷ ২০০৪ চনৰ চুনামীৰ সময়ত হোৱা ক্ষয় - ক্ষতিৰ বিষয়েও তিৰোতাগৰাকীয়ে কৈছিল ৷ তিৰোতা গৰাকীৰ সৈতে কথা পাতি থাকোঁতে পুনৰ এটোপ - দুটোপকৈ বৰষুণ পৰিবলৈ ধৰিছিল ৷ সেইবাবে আমি তাৰ পৰা লৰালৰিকৈ উভতি আহিছিলোঁ ৷ আমি 'ৰুম'ত সোমোৱাৰ পাছত লাহে লাহে বৰষুণজাক ডাঙৰ হ'বলৈ ধৰিছিল ৷ কাপোৰখিনি ভিতৰলৈ আনি 'ফেন'ৰ বতাহৰ তলত শুকুৱাই দিছিলোঁ ৷ 
           পিছদিনা পুৱা বতৰ ফৰকাল আছিল ৷ কাঁচিয়লি ৰ'দ ওলাব ধৰিছিল ৷ কাপোৰবোৰ বাহিৰত মেলি দি চাহ - জলপান খোৱাৰ পাছত 'গাইড'ৰ কাম কৰিবলৈ আমাৰ ওচৰলৈ এজন ল'ৰা আহিছিল ৷ ল'ৰাজনে আমাক  'ভৰতপুৰ' Beachত থকা Coral Natural Bridge দেখুৱাবলৈ লৈ যাব বুলি কৈছিল ৷
       'নীল দ্বীপ'ৰ Coral Natural Bridge দেখুৱাবলৈ 'গাইড'জনে পুৱাই আমাক 'ভৰতপুৰ' Beachলৈ লৈ গৈছিল ৷ পুৱাৰ সূৰুযৰ পোহৰত 'নীল দ্বীপ'ৰ সৌন্দর্য্য লাহে লাহে চকুত পৰিবলৈ ধৰিছিল ৷   
            'নীল দ্বীপ' সৰু যদিও বৰ ধুনীয়া আছিল ৷ ব্রিটিছ সেনাৰ চিপাহী James George Smith Neil ৰ নামেৰে এই Island ৰ নামাকৰণ কৰা হৈছিল ৷ 
           Natural Bridge চাবলৈ যোৱাৰ সময়ত বাটে বাটে সুন্দৰ গছ -গছনি , গাঁৱলীয়া ঠাই পাৰ হৈ গাড়ীখনেৰে আমি আধা ঘণ্টাৰ ভিতৰতে 'ভৰতপুৰ' Beach গৈ পাইছিলোঁ ৷ সেই Beach ৰ 'প্রাকৃতিক সাঁকো'খন চাবলৈ সোমাই যোৱাৰ পথত বিভিন্ন প্রকাৰৰ সেউজীয়া গছ - গছনিবোৰৰ সতে সৰহ সংখ্যক আম গছ দেখিবলৈ পাইছিলোঁ ৷ আমৰ বাবে আওবতৰীয়া জানুৱাৰী মাহত আম গছৰ ডালত সতেজ সতেজ আমৰ মুচি , মজলীয়া বিধৰ কেঁচা আম , পূৰঠ কেঁচা আম ওলমি থকা দেখিবলৈ পাই যিমান লোভ লাগিছিল সিমান আচৰিতো হৈছিলোঁ ৷   Natural Brigde খন চাবলৈ সাগৰৰ তীৰলৈ খটখটীৰে নামি যাওঁতে কাষে কাষে তেতিয়া সাগৰীয় সামগ্রীৰ সৰু দুখন 'ষ্টল' লগাই আছিল ৷ নাৰিকলৰ পানী আৰু কেঁচা আম চকলা - চকলকৈ কাটি নিমখ লগাই বিক্রি কৰিবৰ ব্যৱস্থা কৰি আছিল ৷ সেয়া দেখি লোভ লাগিছিল যদিও মা আৰু এওঁ পুৱাই পুৱাই কেঁচা আম খাবলৈ অনুমতি দিয়া নাছিল ৷ 
          সাগৰ তীৰত নামি যোৱাৰ লগে লগে চকুত পৰিল নীলিম আকাশ , শুকুলা ডাৱৰ , কাঁচিয়লি ৰ'দ আৰু সাগৰৰ নীলা পানী ৷ সৌন্দর্য্যৰ কি যে অনুপম ৰূপ ! তাৰ পাছত এফালে দেখা পাইছিলোঁ এক প্রাকৃতিক আশ্চর্য্য Natural Bridge by Living Corals . জীৱন্ত Coral ৰ দ্বাৰা আপোনা - আপুনি নির্মিত হোৱা এখন সাঁকো ৷ স্থানীয় বঙ্গভাষী লোকে ইয়াক Howrah Bridge বুলি অভিহিত কৰিছে ৷ আমি লাহে লাহে এই সাগৰ তীৰৰ সৰু  - বৰ শিলবোৰৰ ওপৰেদি খোজ কাঢ়ি প্রাকৃতিক সাঁকোখনৰ ফালে আগবাঢ়ি গৈছিলোঁ ৷ সেই সৰু - বৰ শিলবোৰ হেনো Dead Corals . আকৌ এক আশ্চর্য্য ! এফালে মৃত Coral ৰ আচ্ছাদন আৰু আনফালে জীৱন্ত Coral ৰ প্রাকৃতিক সাঁকো ! 
             প্রাকৃতিক সাঁকোখন চাই চাই উপভোগ কৰি থাকোঁতে  দিল্লীত শহুৰ দেউতাক এৰি থৈ অহা আমাৰ সহকাৰী গৰাকীৰ 'ফোন' অহা দেখি ' সকলো ঠিক আছে নে নাই ' বুলি অলপ চিন্তাত পৰি গৈছিলোঁ ৷ অৱশ্যে সদায় আমি পুৱা - গধূলি 'ফোন'যোগে তেওঁলোকৰ খা - খবৰ লৈ আছিলোঁ ৷ কেৱল আগদিনাৰ পৰা আমাৰ 'ফোন'বোৰে কাম নকৰা বাবে সেইদিনা যোগাযোগ হোৱা নাছিল ৷ সেইবাবে তেওঁলোকৰ যিদৰে চিন্তা হৈছিল , ঠিক তেনেদৰে আমাৰ অবিহনে অকলে অকলে কিছু বিৰক্তিও অনুভৱ কৰিছিল ৷ আচলতে আমি ঘৰৰ পৰা ওলাই অহা ইতিমধ্যে বহু দিন পাৰ হৈ গৈছিল ৷ আমি আৰু চাৰিদিনৰ পাছত দিল্লীলৈ উভতিম বুলি জনাই তেওঁলোকক আশ্বস্ত কৰিছিলোঁ ৷ 
             সেই সময়ত সাগৰ তীৰৰ সেই অংশ প্রায় শুকান হৈ আছিল ৷ লাহে লাহে সেই ঠাইলৈ সাগৰৰ পানী আহে আৰু দুপৰীয়া লৈকে হেনো পানীময় হৈ যায় ৷ শুষ্ক , অর্ধশুষ্ক সাগৰ তীৰৰ মৃত Coral বোৰ আমি লিৰিকি - বিদাৰি চাবলৈ ধৰিছিলোঁ ৷ ল'ৰা - ছোৱালীহালে ঘৰলৈ আনিব পৰাকৈ কেইটামান সংগ্রহ কৰি লৈছিল ৷ সিহঁতে বিধে বিধে শামুক বুটলি লিৰিকি - বিদাৰি চাইছিল ৷  তাত হেনো এখন Turtle sanctuary আছে ৷ সময়ৰ অভাৱত সেই ফালে নগৈ সেই ঠাইৰ পৰা  উভতি আহিছিলোঁ ৷ 
          Natural Bridge খন চাই 'গাইড' তথা গাড়ী চালকজনে আমাক Lakshmanpur Beach লৈ লৈ যাবলৈ আন এজন বঙ্গভাষী 'গাইড' তথা গাড়ী চালকৰ হাতত গতাই দিছিল ৷ 'লক্ষ্মণপুৰ' Beachৰ পৰা বৰ সুন্দৰ সূর্য্যাস্তৰ দৃশ্য দেখিবলৈ পোৱা যায় ৷ সূর্য্যাস্তৰ দৃশ্যৰ বাবে এই Beach বিখ্যাত ৷ 'লক্ষ্মণপুৰ' Beach লৈ গৈ থাকোঁতে আমাৰ বৰ ভোক লাগিব ধৰিছিল ৷ আচলতে দুপৰীয়াৰ আহাৰ গ্রহণ কৰাৰ সময় হৈছিল ৷ 'ড্রাইভাৰ'জনে আমাক আধা ঘণ্টাৰ ভিতৰত ভাল আৰু ঘৰুৱা খাদ্য পোৱা 'হোটেল'লৈ লৈ যাব বুলি জনাইছিল ৷ আমি কি খাম বুলিও সি সুধি লৈছিল ৷ আমাৰ ল'ৰা - ছোৱালীকেইটাৰ বহুদিনৰ পৰা কেঁকোৰাৰ আঞ্জা খোৱাৰ ইচ্ছা আছিল ৷ সিহঁতে কোনো দিনে কেঁকোৰা ভালদৰে দেখিও পোৱা নাছিল আৰু খায়ো পোৱা নাছিল ৷ 'ড্রাইভাৰ'জনে 'হোটেল'ত 'ফোন' কৰি আমাৰ চাহিদাৰ খাদ্য ৰান্ধি থ'বলৈ ইতিমধ্যে জনাই দিছিল ৷ আমি গৈ পোৱাৰ লগে লগে খাদ্য তৈয়াৰ হৈ যাব বুলি কৈছিল ৷ সঁচাকৈয়ে আমি গৈ পোৱাৰ লগে লগে খাদ্য তৈয়াৰ হৈ গৈছিল ৷ সেই 'হোটেল'খনত সুন্দৰ Fooding আৰু Lodging ৰ ব্যৱস্থা আছিল ৷ তাৰে এটি কোঠাত আমাক মুখ - হাত ধুই সতেজ হ'বলৈ কৈছিল আৰু সিফালে খোৱা মেজত আমাৰ বাবে খাদ্য সজোৱা হৈছিল ৷ সেই সময়ত এনেয়ে ভোক লাগি আছিল , তাতে সুস্বাদু খাদ্য খাবলৈ পাই সকলোৱে আনন্দ উপভোগ কৰিছিলোঁ ৷ অৱশ্যে ল'ৰা - ছোৱালীহালে কেঁকোৰাৰ আঞ্জা খাব জনা নাছিল বাবে সিহঁতে সেই আঞ্জাত তৃপ্তি পোৱা নাছিল ৷ আন সাগৰীয় মাছৰ আঞ্জাৰে সিহঁতে ভাত খাইছিল ৷ 
            আমি খোৱা - বোৱা কৰি এইবাৰ 'লক্ষ্মণপুৰ' Beach অভিমুখে ৰাওনা হৈছিলোঁ ৷ 'লক্ষ্মণপুৰ' Beach লৈ যোৱাৰ পথত 'ড্রাইভাৰ তথা গাইড'জনে আমাক ক্ষন্তেকৰ বাবে Sitapur Beach লৈকো লৈ গৈছিল ৷ তাত অৱশ্যে আমি বেছি সময় কটোৱা নাছিলোঁ ৷ তাত মানুহ বৰ তাকৰ আছিল ৷ এফালে এহাল ইংৰাজ দম্পতি আছিল আৰু আনফালে 'শ্বুটিং' চলি আছিল ৷ মাত্র পোন্ধৰ মিনিটমান কটাই আমি তাৰ পৰা 'লক্ষ্মণপুৰ' Beach লৈ গুচি গৈছিলোঁ ৷ 'লক্ষ্মণপুৰ' Beach গৈ পোৱাৰ লগে লগে ল'ৰা - ছোৱালীহাল আৰু দেউতাক পানীত নামি গৈছিল ৷ মা - দেউতা আৰু মই সাগৰৰ পানীত আঁঠুলৈকে নামিলোঁ ৷ মোৰ ল'ৰাটোৱে দেউতাকৰ লগত অলপ দ'লৈকে গৈ পানীৰ আক্রামক যেন লগা ঢৌৰ সতে খেলিবলৈ ধৰিছিল ৷ ছোৱালীজনীয়ে কিন্তু সাগৰৰ পানীৰ ঢৌলৈ ভয় কৰিছিল ৷ ইমান দিন সাগৰৰ পানীত খেলি খেলি সেইদিনা তাত তাই ভয়হে কৰিছিল ৷ সেইবাবে তাই সাগৰৰ বালিচ'ৰত অকণ অকণ পানীত খেলি আছিল ৷ মই তেতিয়া 'ফটোগ্রাফাৰ'ৰ  ভূমিকা পালন কৰি আছিলোঁ ৷ গধূলিলৈকে পানীত খেলি কাষত থকা প্রকাণ্ড ৰাজহুৱা 'বাথৰুম'ত সিহঁতক গা ধোৱাই কাপোৰ - কানি সলাবলৈ লৈ গৈছিলোঁ ৷ 
        সন্ধিয়া আমি ভাগৰি গৈছিলোঁ ৷ 'হোটেল'লৈ গৈ গা - পা ধুই কাপোৰ - কানি সলাই ৰাতিৰ আহাৰ গ্রহণ কৰি সোনকালে শুই পৰিছিলোঁ ৷ পিছদিনা পুৱা ভালদৰে King size breakfast কৰি লৈছিলোঁ ৷ আমি খোৱা 'ধাবা'খনত নীল দ্বীপলৈ ফুৰিবলৈ অহা শিক্ষকৰ সৰু দল এটা লগ পাইছিলোঁ ৷ তাৰ এগৰাকীয়ে দিল্লীৰ কোনো এখন DPS 'স্কুল'ত শিক্ষকতা কৰিছিল ৷ তেওঁলোকৰ সতে  কথা পাতোঁতে গম পাইছিলোঁ যে তেওঁ হেনো আমাৰ দিল্লীৰ ঘৰৰ Next door neighbour ক ভালদৰে চিনি পায় ৷ আমাৰ ঘৰৰ সমুখত থকা দম্পতিহালো DPS 'স্কুল'ত শিক্ষকতা কৰে ৷ সেই চিনাকি সূত্রে অচিনাকি লোকৰ সতে কথা পাতিও চিনাকি লোকৰ স্বাদ পোৱা যেন ভাৱ হৈছিল ৷ 
            খোৱা - বোৱা কৰি 'হোটেল'খনৰ পৰা বস্তু - বাহানি লৈ একেবাৰে ওলাই আহি প্রায় আধা দিন নীল দ্বীপৰ আশে - পাশে ফুৰি আবেলি 'পোর্ট ব্লেয়াৰ' অভিমুখে যোৱা জাহাজত উঠিছিলোঁ ৷ নীল দ্বীপলৈ আহিবৰ সময়ত গা বেয়া লগা কথাটো মনত পৰি গৈছিল , সেইবাবে ভয় লাগিছিল ৷ কিন্তু উভতি অহা জাহাজখন 'প্রাইভেট' কোম্পানীৰ জাহাজ আছিল ৷ জাহাজখনৰ ভিতৰত মৃদু সঙ্গীত চলি আছিল , ভিতৰত দুটা 'টেলিভিশ্বন' আছিল , ৷ খোৱা - বোৱাৰ ব্যৱস্থা আছিল ৷ যি মন যায় তাকে কিনি খাব পৰা গৈছিল ৷ ল'ৰা - ছোৱালীহালে নিজৰ ৰুচিমতে খাদ্য খাইছিল ৷ সিহঁতে জাহাজৰ যাত্রা বৰ ভালকৈ উপভোগ কৰিছিল ৷ আমি কেতিয়াবা কেতিয়াবা মন লগে T V চাইছিলোঁ , কেতিয়াবা জাহাজৰ খিৰিকিৰে নীলা আকাশ আৰু সাগৰৰ পানীৰ ঢৌবোৰ চাইছিলোঁ ৷ কেতিয়াবা দুই - এটা ডাঙৰ মাছ জপিয়াই সাগৰৰ পানীৰ পৰা উঠি পুনৰ পানীত সোমাই যোৱা দেখিবলৈ পাইছিলোঁ ৷  জাহাজৰ সুন্দৰ অনুভৱ উপভোগ কৰি কৰি কেতিয়ানো 'পোর্ট ব্লেয়াৰ' গৈ পাইছিলোঁ গমেই পোৱা নাছিলোঁ ৷ 
             আমাক নিবলৈ 'হোটেল'ৰ পৰা গাড়ী আহি ৰৈ আছিল ৷ 'হোটেল'ৰ 'ৰুম'ত সোমাই বস্তু - বাহানি থৈ 'ডাইনিং ৰুম'ত  Snacks খাই 'হোটেল'ৰ বাহিৰৰ সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ মুকলি বতাহত কিছুপৰ খোজ কাঢ়ি পুনৰ 'হোটেল'খনলৈ উভতি আহি সেই দিনটোৰ সামৰণি মাৰিছিলোঁ ৷

পৃষ্ঠা ৩৫
নীলাখামৰ চিঠিঃ

প্ৰিয়তম 
        মৰমৰ
              প্ৰথমেই তোমালৈ শাৰদীয় শুভেচ্ছাৰে একাজলি  মৰম পঠালো , বুকু ভৰাই ল'বা  ।  ভাৱনাৰ সীমনাই ঢুকি নোপোৱা তৰাৰ দেশত আশা কৰোঁ তুমি কুশলে আছা !
                তোমাৰ জানিবৰ মন নাযায়নে ? পোনাকনৰ  সৈতে মই কেনেদৰে আছো ?এই নাও দুৰ্ঘটনাটোৱে কেৱল আমাৰে নহয় বহুতৰে জীৱন অন্ধকাৰ কৰি দিলে অ' । তুমি হয়তু ভাৱি আচৰিত  হ'বা  মই যে তোমাৰ অনুপস্থিতিত কিমান কষ্টৰে আছো । যোৱা বাৰ পূজা নহ'ল ভালেই আছিল। এইবাৰ তুমিও নাই পূজাও হৈছে। বৰদুখ লাগিছে , পোনাকনলৈ বেয়া লাগি গৈছে । সি যে কিমান আশা কৰি আছে,  তুমি ভগৱানৰ  ওচৰৰ পৰা আহিবা। তাৰসৈতে পূজা চাবা, তাৰ লগত খেলিবা ; আন ল'ৰা ছোৱালীবোৰৰ  দৰে তাকো বেলুন ,খেলনাৰ বস্তু  পিষ্টল ,বন্দুক কিনি দিবা !  মই কি ভাৱিছো জানা ! এইবাৰ কুকুৰা দুটাকে বেছি  তাক পূজা দেখুৱাই আনিমগৈ ।
             বৰ দুখ লাগিছে অ'।তুমি অবিহনে মোৰ জীৱনটো অসাৰ হৈ পৰিছে। আকৌ নাৱত উঠি ইপাৰ সিপাৰ হ'বলৈ ভয়ে লাগিছে । চৰকাৰে জানো কি ভাৱিছে ?(এইবাৰ দলংখন হ'বযেন লাগিছে । সেই বিলাক কথা পাছত পাতিম দেই )। বহু আশা আছে অ' পোনাকণক ডাঙৰ কৰাৰ। বহু কষ্ট হ'ব, তথাপি তৰাৰ দেশৰ পৰাই তুমি মোক সাহস দিবা মই যাতে কষ্ট সহিব পাৰো ।বিশেষ আৰু কি জনামনো !বিহু আৰু পূজা দুইটা এইবা একে লগেই। বিহু বুলি পিঠা -পনা নকৰো দেই তুমিযে নাই।পোনাকণক কিবা এটা দিম আৰু দিয়া ।
             পুনৰবাৰ মোৰ মৰমবোৰ শুকুলা ডাৱৰৰ বুকুতে তোমালৈ পঠাই দিলো  । এতিয়া জোনাক নিশা বুকু ভৰাই  ল'বা ।

          মৰমেৰেই
                  তোমাৰ 
                       প্ৰিয়তমা

জোনমনি দত্ত
মাজ গাঁও চাপৰিচুক
তামূলিছিগা।
শিৱসাগৰ।

পৃষ্ঠা ৩৬
আমাৰ সংবাদঃ

অংকুৰণ প্ৰকাশনৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ
বঁটা বিতৰণি আৰু গ্ৰন্থ উন্মোচন





যোৱা ১০ অক্টোবৰ ২০২১ তাৰিখ দেওবাৰে গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অংকুৰণ প্ৰকাশনৰ পৰা প্ৰকাশিত ৪২ খন গ্ৰন্থ উন্মোচন কৰা হয়। দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ আঁত ধৰে টি ভি সাংবাদিকতাৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰী দৃষ্টিৰূপা বৰদলৈয়ে। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী আৰু পষেকীয়া ই আলোচনী অঙ্গনৰ মুখ্য সম্পাদক হেমেন নাথে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত গল্পপুথিসমূহ উন্মোচন কৰে অসমীয়া সাহিত্য জগতৰ জনপ্ৰিয় ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যই। একেদৰে শিশু উপযোগী গ্ৰন্থসমূহ উন্মোচন কৰে বৰাক উপত্যকাৰ প্ৰথমজন অসমীয়া সাহিত্যিক, শিল্পী আৰু সাহিত্যিক পেঞ্চন প্ৰাপক শ্ৰীযুত সুহাগমণি বৰ্মনদেৱে, কবিতা পুথিসমূহ উন্মোচন কৰে অসম কাব্য কাননৰ সম্পাদক নৱ ৰাজনদেৱে, অণুগল্পৰ পুথিসমূহ উন্মোচন কৰে তেজপুৰৰ বিশিষ্ট কবি দীপালী মহন্ত গোস্বামীয়ে আৰু ভ্ৰমণ কাহিনীসমূহ উন্মোচন কৰে গুৱাহাটীৰ লেখিকা অঞ্জু শাণ্ডিল্যই। উল্লেখ্য যে এই অনুষ্ঠানতে অংকুৰণ প্ৰকাশনৰ উদ্যোগত আৰু পষেকীয়া ই আলোচনী অঙ্গনৰ সৌজন্যত আয়োজিত গ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰা হয়। গল্প পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে  নগাঁওৰ পল্লৱী কোশিক শৰ্মাই লিখা 'সহযাত্ৰী' নামৰ গ্ৰন্থখনে। একেদৰে কৰ্ণাটকৰ ৰূপালীম মহন্তই লিখা ‘কথা কোৱা পুতলা’ নামৰ গ্ৰন্থখনে দ্বিতীয় আৰু গুৱাহাটীৰ অংকিতা বৰুৱাই লিখা ‘বৈদেহী’ নামৰ গ্ৰন্থখনে তৃতীয় স্থান লাভ কৰে। গল্প প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ সন্মান লাভ কৰে নতুন দিল্লীৰ শ্যামলিমা কাকতিয়ে লিখা ‘ফাগুনৰ সৰাপাতৰ কথা’ নামৰ গ্ৰন্থখনে। গল্প উন্মোচক হিচাপে অনুষ্ঠানটিত উপস্থিত থকা মণিকুন্তলা ভট্টাচাৰ্যৰ হাতেৰে তেখেতসকলক বঁটা প্ৰদান কৰা হয়। আনহাতে কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ‘ফাগুনৰ কেনভাচত তুমি পলাশ হৈ জিলিকিছা’ নামৰ কবিতা পুথিখনৰ কবি যোৰহাটৰ চিন্ময় বৰুৱা, ‘নৈয়ে গান গায়’ নামৰ দ্বিতীয় স্থানপ্ৰাপ্ত কবিতা পুথিখনৰ কবি যোৰহাৰ জ্যোতিমণি শইকীয়া, ‘জাফৰিণ কল্পনা মোৰ’ নামৰ তৃতীয় স্থান দখল কৰা কবিতা পুথিখনৰ কবি নতুন দিল্লীৰ শৰ্মীষ্ঠা বৰ্মনক আৰু বিচাৰকৰ বিশেষ সন্মান লাভ কৰা ‘সুগন্ধি বিচাৰি’ নামৰ কবিতা পুথিখনৰ কবি গুৱাহাটীৰ অজন্তা চৌধুৰীক বঁটা প্ৰদান কৰে উন্মোচক নৱ ৰাজনদেৱে। আনহাতে এই শিতানত নিচুকণি বঁটাৰ বাবে বিবেচিত হোৱা "মৌ কুঁৱৰী" নামৰ কবিতা পুথিখনৰ কবি গোলাঘাটৰ দৰ্শনা কলিতাকো বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে এই বঁটা কবিগৰাকীয়ে অতি কম বয়সতে কবিতা চৰ্চা কৰা হেতুকে তেখেতক উৎসাহিত কৰিবলৈ প্ৰদান কৰা হয়।
অণুগল্প পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ‘অপৰাহ্নৰ একাঁজলি ৰ’দ’ নামৰ গ্ৰন্থখনৰ লেখিকা যোৰহাটৰ বিজুমণি শইকীয়া, দ্বিতীয় স্থান দখল কৰা "এমুঠি" নামৰ গ্ৰন্থখনৰ লেখিকা নতুন দিল্লীৰ শ্যামলিমা কাকতি আৰু  তৃতীয় স্থান অধিকাৰ কৰা 'পাহাৰী নিজৰা’ নামৰ গ্ৰন্থখনৰ লেখিকা নতুন দিল্লীৰ শৰ্মীষ্ঠা বৰ্মনক বঁটা প্ৰদান কৰে উন্মোচক হিচাপে উপস্থিত থকা কবি দীপালী মহন্ত গোস্বামীয়ে। এই শিতানত বিচাৰকৰ বিশেষ সন্মান লাভ কৰা 'জীৱনৰ ৰং' নামৰ পুথিখনৰ লেখিকা গোলাঘাটৰ বন্দনা দত্তকো পুৰস্কৃত কৰা হয়। ভ্ৰমণ কাহিনী পাণ্ডুলিপি প্ৰতিযোগিতাত 'বেলি ডুবাৰ আগে আগে ভূটান’ শীৰ্ষক গ্ৰন্থখনৰ লেখিকা নতুন দিল্লীৰ শৰ্মীষ্ঠা বৰ্মনক প্ৰথম আৰু ‘খেলিমেলি ভ্ৰমণ কাহিনী’ নামৰ গ্ৰন্থখনৰ লেখিকা নতুন দিল্লীৰ শ্যামলিমা কাকতিক দ্বিতীয় পুৰস্কাৰ বিতৰণ কৰে উন্মোচক অঞ্জু শাণ্ডিল্যই।
শিশুগ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতাত ‘নিকি ৰিকি আৰু পৰিভ্ৰমী ৰাজহাঁহৰ সাধু’ নামৰ গ্ৰন্থখনৰ লেখিকা যোৰহাটৰ কৃষ্ণাময়ুৰী হাজৰিকাক প্ৰথম পুৰস্কাৰ, ‘দহজন প্ৰথম অসমীয়া’ নামৰ গ্ৰন্থখনৰ লেখিকা মুম্বাইৰ হিৰণ ভূঞাক দ্বিতীয় আৰু ‘লীজা-লিচা আৰু এহাল বালিমাহী’ নামৰ গ্ৰন্থখনৰ লেখিকা যোৰহাটৰ বিজুমণি শইকীয়াক তৃতীয় পুৰস্কাৰ প্ৰদান কৰে সাহিত্যিক সুহাগমণি বৰ্মনদেৱে। শিশু গ্ৰন্থ প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ সন্মান লাভ কৰা 'নতুন দিনৰ সপোন' নামৰ গ্ৰন্থখনৰ লেখিকা গোলাঘাটৰ বন্দিতা শৰ্মা কন্দলী আৰু নিচুকনি বঁটা লাভ কৰা ‘আশাৰ ৰেঙণি’ নামৰ গ্ৰন্থখনৰ লেখক যোৰহাটৰ বিৰাজ দত্তকো পুৰস্কৃত কৰা হয়। আনহাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মনালিছা পাঠক, বুবুল শইকীয়া, চন্দনা হীৰা, দীপক বৰা, অৰুণিমা শৰ্মা মহাপাত্ৰ, চয়নিকা বৰুৱা, প্ৰস্তুতি শৰ্মা, ৰিতু ভঁৰালী, অনিমা বৰঠাকুৰ আদিকে ধৰি কুৰিজনৰো অধিক লেখক লেখিকাক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে এই অনুষ্ঠানতে কামৰূপৰ কবি পাৰুল ডেকাৰ কবিতা পুথি "তুমি মোৰ প্ৰেৰণা হোৱা, মই হ'ম তোমাৰ প্ৰেয়সী" নামৰ কবিতা পুথিখনো উন্মোচন কৰা হয়। কবিতা পুথিখন উন্মোচন কৰে গুৱাহাটীৰ কবি হিতেশ গোস্বামীদেৱে। অনুষ্ঠানত প্ৰণৱ প্ৰতীম নাথ, মানসী বৰঠাকুৰ, দিয়া অলিম্যান, হীমাক্ষী পুনম, গৌতম তালুকদাৰ আদিয়ে গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানৰ শেষৰ ফালে কণমানি ছাত্ৰ ছাত্ৰীসকলে কবিতা পাঠ আৰু গীত পৰিৱেশন কৰি সকলোকে আনন্দিত কৰে।

পৃষ্ঠা ৩৭
ৰেচিপি:


অমলেট কাৰী

মানসী বৰঠাকুৰ
যোৰহাট

সামগ্ৰী: অমলেটৰ কাৰণে

১/  ৪টা কণী(মুৰ্গী কণী)
২/ ৫০ গ্ৰাম চয়াবিন(১০মিনিট সময় তিয়াই ৰাখিব)
৩/ ৪ চাহমুচ বেচন
৪/ ২টা মধ্যমীয়া আকাৰৰ পিয়াজ
৫/ ২ চাহমুচ আদা নহৰু বটা
৬/ ২ চাহমুচ(জীৰা গুৰি, ৰঙা জলকীয়া গুৰি, ধ্ণীয়া গুৰি, গৰম মচলা, চিকেন মচলা)

প্ৰথমে কেঁচা কণী কেইটা এটা পাত্ৰত ওলাই লৈ তাতে জোখত নিমখ, হালধিৰ লগতে উল্লেখিত সকলো মচলা দি দিব। তাৰ পাছত তাতে ছয়াবিন খিনি সম্পূৰ্ণ পানী টুকি মিকশ্ৰি সহায়ত পিছী লৈ তাত বেছন খিনি দি মিহলাই ল'ব। অমলেটৰ মিশ্ৰণ খিনিত পানী একেবাৰে ব্যৱহাৰ নকৰিব।
তাৰ পাছত কেৰাহীত জোখত মিঠা  তেল বা যিকোনো কুকিং তেল দিব আৰু অমলেতটো বনাই লৈ টুকুৰা কৈ কাটি ল'ব।

 অমলেতৰ  কাৰি কাৰণে
সামগ্ৰী:
১/  দুটা বিলাহী
২/ দুটা পিয়াজ
৩/ ৪ চাহমুচ আদা নহৰু বটা
৪/৭/ ৩ খীলা তেজপাত,২(লং, ইলাচি, দালছিনি)
৫/ ৩ তা কেঁচা জলকীয়া ( জ্বলা টো ইচ্ছা অনুযায়ী দিব)
৬/ ৩চাহমুচ(জীৰা গুৰি, ৰঙা জলকীয়া গুৰি, ধ্ণীয়া গুৰি, গৰম মচলা,চিকেন মচলা)

প্ৰথমে কেৰাহীত তেল দিব আৰু তেল গৰম হোৱাৰ লগে লগে গোটা জীৰা কেইটামান দি দিব আৰু ফুটি উঠা পাছত মিহিকৈ কাটি লোৱা পিয়াজ খিনি দি দিব আৰু পিয়াজ খিনি এটি সুন্দৰ ৰং অহা লৈকে ভাজিব আৰু আদা নহৰু বটা লগতে বাকী থকা সকলো মচলা দি পুনৰ ভাজিব। তাৰ পাছত মিহিকৈ কাটি লোৱা বিলাহী খিনি দি জোখত নিমখ হালধি দি পুনৰ ভাজিব। মচলা খিনিৰ পৰা তেল ওলাই যোৱা লৈকে ভাজিব আৰু তাৰ পাছত কুহুমীয়া পানী দি এটা উতল আহিব দিব আৰু তাৰ পাছত ভাঁজি থোৱা অমলেতৰ পিছ খিনি আঞ্জা খিনিত দি কম জুইত ১০মিনিট ৰাখিব ।শেষত কেঁচা জলকীয়া ফালি দিব আৰু অলপমান কেঁচা ধনীয়া দি গৰম ভাতৰ লগত পৰিবেশন কৰিব।

পৃষ্ঠা ৩৮
গল্পঃ

অংকুৰোদগম্

মনালিছা পাঠক, গুৱাহাটী

কিমান সময়ৰ পৰা যে দেউতাক বৈদুৰ্য্য বৰুৱাই  তাইক চাই আছিল , একমনে চিলাই কৰি থকা নিশিপ্ৰভাই গমেই পোৱা নাছিল ৷

  : কি কৰি আছ ?
  দেউতাকৰ মাতত তাই মূৰ তুলি চালে ৷ 

  : অ’ দেউতা !  এই গাদীটোত নতুনকৈ কভাৰ লগাই আছো ৷ 

   : কি কৰিবিনো এইটোৰে ?

    : মোক লাগিব ৷

    : লৈ যাবি লগত  ?

    : উম্  !

   : কাম নাই ! সেই পুৰণা, চেপেটা পৰা গাদীটো যে নিব খুজিছ  ? সেইটো থ , আবেলিলৈ মই নতুন এটা আনি দিম  ৷

   : নালাগে দেউতা ৷ এইটো গাদীয়ে হ’ব ৷ এইটো মোৰ বহুত মৰমৰ , মই লৈ যাম ৷  তলমূৰকৈ চিলাই থকাৰ পৰাই তাই কয় ৷

 কথাষাৰ শুনি বৈদুৰ্য্য বৰুৱাই জীয়েকলৈ কিছু সময় চাই ৰৈছিল  ৷ গভীৰ মমতা ফুটি উঠিছিল তেওঁৰ চকুৱে মুখে ৷ তেওঁৰ মন গৈছিল জীয়েকৰ মূৰত হাত ফুৰাই এবাৰ তাইক বুকুৰ মাজত চপাই ল’বলৈ ৷ কিন্তু কিবা এটাই তেওঁক যেন বাধা দি ৰাখিলে ৷ হয়তোবা তেনে কৰিলে তেওঁৰ দুচকু সেমেকিব আৰু তেতিয়া নিশিপ্ৰভায়ো নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব ৷
  তেওঁ লাহে লাহে কোঠাটোৰ পৰা ওলাই আহি সমুখৰ বাৰাণ্ডাৰ চকীখনত বহিল ৷ সেই গাদীটো কিনা কিমান বছৰ হ’ল  ? চাৰি বছৰ নে পাঁচ বছৰ ?  মনতে জুকিয়াই চালে বৈদুৰ্য্য বৰুৱাই , এৰা ! পাঁচ বছৰেই হ’ল ৷ নিশিপ্ৰভাৰ অষ্টম মানৰ ৰিজাল্ট দিয়াৰ দিনাই অনা ৷ বহুসময় ধৰি কিতাপ পঢ়িছিল তাই ৷ কাঠৰ খালী চকীখনত কষ্ট পাব বুলিয়েই তেওঁ গাদীটো আনি দিছিল ৷ কিন্তু  তাৰ আগতে ছোৱালী তিনিজনীৰ কাৰণে কেতিয়াওতো বৰুৱাই এনেকুৱা সৰু সৰু কথাৰ চিন্তা কৰা নাছিল ৷ অথচ নিশিপ্ৰভাৰ ক্ষেত্ৰত তাই কষ্ট পাব বুলিয়েই গাদীটো আনি দিছিল !  তাইৰ ভিতৰৰ সুপ্ত আগ্নেয়গিৰিটোৰ প্ৰতি বৈদুৰ্য্য বৰুৱাৰ ভয় আছিল নেকি ? নে ক'ব নোৱাৰাকৈয়ে তেতিয়ালৈ বৈদুৰ্য্য বৰুৱাৰ হৃদয়ৰ কোনোবাখিনিত তাইলৈ  মৰমৰ বীজ অংকুৰিত হৈছিল ? 

    অষ্টম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ আগে আগে নিশিপ্ৰভাক দেউতাকে কৈছিল , "ৰিজাল্ট ভাল কৰিলে কিবা এটা দিম" বুলি ৷ ভয়ে ভীতে তাই মাৰ্কশ্বিটখন দেখুৱাৰ পিছতে তাইক গাদীটো দি তেওঁ কৈছিল, "এতিয়াৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষালৈ বুলিহে পঢ়িব লাগিব ৷ আগতকৈয়ো বহুত বেছি পঢ়িব লাগিব ৷ গতিকে গাদীটো চকীখনত পাৰি লবি ৷ আৰাম পাবি পঢ়া সময়ত ৷"
  দেউতাকৰ হাতৰ পৰা গাদীটো লওঁতে তাইৰ চকুদুটা উজলি উঠিছিল ৷ বুকুৰ ভিতৰত আৱেগে খলকনি তুলিছিল ৷ 
 "সঁচাকৈয়ে দেউতাই মোক ভাল পাব ধৰিছে ৷ মোৰ ৰিজাল্ট দেখোন ইমান ভালো হোৱা নাই ৷  শ্ৰেণীৰ প্ৰথম দহটাৰ ভিতৰতো মই নাই ৷ মাত্ৰ পঞ্চাশ শতাংশ নম্বৰহে পাইছো ৷ তাৰোপৰি অসমীয়াতো কাণে কাণ মাৰি পাছ কৰিছাে ৷ তথাপিও মোক খং নকৰিলে ! বৰং উপহাৰ দি মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ বাবে উৎসাহিতহে কৰিছে !"
কথাবোৰ ভাবি ভাবি দেউতাকলৈ তাইৰ শ্ৰদ্ধা জন্মিছিল ৷ তাই উৎসাহী হৈছিল ৷ তেতিয়াৰ পৰাই একাণপতীয়া প্ৰচেষ্টাৰে তাই মেট্ৰিক পৰীক্ষাত দশম স্থান পাবলৈ সক্ষম হৈছিল ৷ সিদিনা তাইৰ ভাব হৈছিল, তাইক লৈ দেউতাক যেন সুখী হৈছিল ৷ পুত্ৰহীনতাৰ অশান্তিৰে এটা সময়ত সিহঁতৰ জীৱন বিষময় কৰি তোলা  বৈদুৰ্য্য বৰুৱাই  যেন সেইদিনা নিশিপ্ৰভা বৰুৱা নামৰ ছোৱালীজনীৰ পিতৃ বুলি চিনাকি দি গৌৰৱবোধ কৰিছিল ৷ টিভি চেনেল , বাতৰি কাকত আদিত নিশিপ্ৰভাৰ পিতৃ হিচাবে নিজৰ ফটো আৰু নাম দেখি বৈদুৰ্য্য বৰুৱাৰ  হৃদয় আনন্দেৰে উপচি পৰিছিল ৷
   ৰিজাল্ট পোৱাৰ পিছতে আনন্দতে  কবনোৱাৰা হৈ তাই দেউতাকক সাৱটি ধৰিছিল ৷  
বুজা হোৱাৰ পিছত প্ৰথমবাৰ ?
 হয় , প্ৰথমবাৰ ৷
 পুত্ৰ সন্তানৰ আশাৰে গৰ্ভৱতী কৰা পত্নীৰ পৰা লাভ কৰা অনাকাংক্ষিত এই  সন্তান  নিশিপ্ৰভাই প্ৰথম বাৰৰ বাবে দেউতাকক কোনো ধৰণৰ ভয় , সংকোচ আৰু দ্বিধা ভাব নোহোৱাকৈ সাৱটি ধৰিছিল ৷ পুত্ৰ-কন্যাৰ ভেদাভেদ মনৰ পৰা আতৰাই বৈদুৰ্য্য বৰুৱায়ো  নিজৰ সুসন্তান হিচাবে নিশিপ্ৰভাক বুকুৰ মাজত চপাই লৈছিল ৷ আলফুলে বুকুৰ মাজত সামৰিছিল সেই অনাবিল সুখ ৷ বহু সময় তেনেদৰেই ৰৈছিল দুয়ো ৷ দেউতাকৰ বুকুৰ উমেৰে উমাল হৈছিল তাইৰ হৃদয় ৷ তাকে দেখি সিক্ত হৈ উঠিছিল তাইৰ মাকৰ দুচকু ৷ প্ৰাপ্তিৰ আনন্দই তাইক  ভাৰবাহী কৰি তুলিছিল ৷ মেট্ৰিক পৰীক্ষাৰ ফলাফল সেই মূহূৰ্তত তাইৰ বাবে গৌণ হৈ পৰিছিল ৷ তাইৰ কপালত দেউতাকৰ এটা চুমা , দেউতাকৰ বুকুত প্ৰথমবাৰৰ বাবে মূৰ থৈ পোৱা অনাবিল সুখ ! তাই যেন সেই সুখ কঢ়িয়াব নোৱাৰা হৈ পৰিছিল ! সুখবোৰ বাৰিষাৰ ঢল হৈ নামি আহিছিল তাইৰ দুচকুৰে ৷ বাৰিষাৰ ঢলে কাষৰ মাটি চপৰা চপৰে খহাই নিয়াৰ দৰে নিশিপ্ৰভাৰ দুচকুৰে বৈ অহা ঢলেও খহাই নিছিল ইমান বছৰে তাই বুকুৰ মাজত চাপ দি ৰখা দুখবোৰ ! কন্যা সন্তান বুলি পিতৃৰ পৰা পোৱা অৱহেলাৰ দুখবোৰ ৷ সৰুতে দেউতাকৰ কোচত উঠিব নোপোৱাৰ দুখ, দেউতাকৰ স’তে ফুৰিবলৈ যাবলে নোপোৱাৰ দুখ, দেউতাকৰ সৈতে একেলগে বহি খাবলৈ নোপোৱাৰ দুখ  !  তাইৰ বুকুৰ গভীৰতাত চাপ খাই থকা সেই অগণন দুখ নিমিষতে  যেন উটি গৈছিল ৷ দেউতাকৰ বুকুৰ মাজত তাইৰ চকুলো উচুপনিলৈ ৰূপান্তৰিত হৈছিল আৰু কিছুসময় পিছত উচুপনিয়ে কান্দোনৰ ৰূপ পাইছিল ৷ তাই হুকহুকাই কান্দি উঠিল , যেন কান্দোন বন্ধ নহ'বই ! মৰমেৰে দেউতাকে বুজালে, ৰিজাল্ট ভাল হ'লে ইমান কান্দে নেকি নিশিভা ?

  তেওঁ নুবুজিলেও মাকে কিন্তু ঠিকেই বুজিছিল, এই পাৰ ভঙা কান্দোনৰ মূল উৎস কি ! মৃদু ধমক এটা দি তেওঁ তাইক মুখ ধুবলৈ লৈ গৈছিল । মুখ ধুই থকাৰ মাজতে ফেকুৰি উঠা নিশিপ্ৰভাক কোনেও নুশুনাকৈ মাকে কৈছিল, "আজি তই কেবল মেট্ৰিকেই নহয় আৰু এটা পৰীক্ষাত পাছ কৰিলি ৷ জীৱনৰ পৰীক্ষা ৷ এইটো বেছি ডাঙৰ পৰীক্ষা ৷ বুজিছ নহয় ?" 
মাকে আগবঢ়াই দিয়া গামোছা খনেৰে মুখখন মচি হাহোঁ হাহোঁ মুখেৰে মাকলৈ চাই তাই মূৰ দুপিয়াইছিল ৷ সুখৰ চোলাটো পিন্ধি  মৰমেৰে তাইৰ মুখত হাত ফুৰাই কপালত চুমা এটা আঁকি দি মাকে ক’লে , আজি তই দেউতাৰক বাধ্য কৰালি কন্যা সন্তানক বুকুত চপাই ল'বলৈ ৷ তেওঁৰ পুৰুষত্বৰ দাম্ভিকতা, পুত্ৰমোহ, পুৰণি দিনীয়া চিন্তাধাৰা সকলো মষিমূৰ হ’ল ৷ তই জিকিলি ৷ জন্মৰে পৰা কৰা অৱহেলা আঁতৰাই তোক আজি বুকুত চপাই ল'বলৈ তেওঁ বাধ্য হৈছে , তোৰ পৰা পোৱা সীমাহীন সুখে তেওঁক বাধ্য কৰিছে ৷  আগতে তেওঁ তহঁতক অৱহেলা কৰিলেও তহঁতে কিন্তু কেতিয়াও তেওঁক দুখ নিদিবি ৷ নহ'লে তহঁতৰ শিক্ষা আৰু মোৰ মাতৃত্বৰ কোনো  মূল্য নাথাকিব আৰু তেঁৱো বৰ দুখ পাব ৷
  মূৰ দুপিয়াই মাকক তাই আশ্বাস দিছিল ৷

   লাহে লাহে সিহঁত চাৰিজনীৰ হৃদয়ত থকা দেউতাকৰ কঠোৰ ৰূপটো ধুসৰ হৈ পৰিছিল ৷ দেউতাক ঘৰ সোমোৱাৰ লগে লগে সিহঁতে আগৰ দৰে ভিতৰৰ কোঠাত সোমাই পৰাৰ পৰিৱৰ্তে দেউতাকৰ সতে ব্যস্ত হৈ পৰিছিল ৷ মাজু দুজনীৰ এজনীয়ে গামোছা আৰু  চেন্দেলযোৰ আনি দিছিল আৰু আনজনীয়ে দেউতাকে খুলি দিয়া ঘড়ী , চাৰ্ট আৰু চশমাযোৰ  যথাস্থানত থৈ দিছিল  ৷ ইতিমধ্যে ডাঙৰ জনীয়েও চাহকাপ আনি দিছিল ৷ পলমকৈ হ’লেও বৈদুৰ্য্য বৰুৱায়ো যেন সন্তানৰ মৰম খিনি উপলব্ধি কৰিছিল ৷ তেঁৱো অফিচৰ পৰা আহোঁতে অনা ফলমূল বা মিঠাইৰ পেকেট পত্নীৰ পৰিৱৰ্তে সিহঁতৰ হাতত দিছিল ৷ আচৰিত হৈছিল সিহঁত ৷ দেউতাকে সিহঁতক ঘৰত মতা নামেৰে মাতিলে ইজনীয়ে সিজনীলৈ চাইছিল ৷ 
  সুখানুভূতিৰে হিয়া উপচি পৰাৰ  মূহূৰ্ততো আগৰ সেই তিক্ততাপূৰ্ণ  সময়বোৰ  ক্ষন্তেকৰ বাবে মাকৰ মনত ভূমুকি মাৰিছিল ৷

   ডাঙৰজনীৰ প্ৰথম জন্মদিনৰ  পিছতে দ্বিতীয়বাৰ সন্তানসম্ভৱা হওঁতে বৰুৱাই পত্নীৰ যথেষ্ট যত্ন লৈছিল , এটি পুত্ৰ সন্তানৰ আশাত ৷ কিন্তু তেওঁৰ আশাত চেঁচা পানী ঢালি পুনৰ তেওঁৰ জীৱনলৈ আহিছিল কন্যা সন্তান ৷ তাকো যমজ ৷ খঙত অগ্নিশৰ্মা হৈ পৰা মানুহজনে কোচত তুলি লোৱাটো দূৰৰে কথা , সেই নিষ্পাপ শিশু দুটিৰ মুখলৈ এবাৰ ঘুৰিও চোৱা নাছিল ৷ ছোৱালী জন্ম দিয়াৰ অপৰাধত মানুহজনীয়ে স্বামীৰ সহযোগ নোহোৱাকৈ অকলেই সিহঁতক ডাঙৰ কৰিব লগা হৈছিল ৷ 

   কিন্তু তৃতীয় বাৰ মাক হ'বলৈ ওলাই মানুহগৰাকী ভীতিগ্ৰস্ত হৈ পৰিছিল ৷ ছোৱালী জন্ম হোৱাৰ ভয়ে তেওঁক খুলি খুলি খাইছিল ৷ কাৰণ তেওঁ জানিছিল,  ছোৱালী জন্ম হ'লে এই পাষাণ মানুহটোৱে তাইক অৱজ্ঞা, অৱহেলা আৰু দুৰ্ব্যৱহাৰেৰে তিলতিলকৈ শেষ কৰিব ৷ সেয়ে ভয়ে ভয়ে গিৰিয়েকক কৈছিল, " তিনিটাকৈ সন্তান আছেই যেতিয়া আৰুনো কেলেই লাগিছে ? তাতকৈ ভালদৰে শিক্ষা দীক্ষাৰে ইহঁতকে মানুহ কৰাহে উচিত ৷ ’’  

  গজালি নৌমেলোতেই বীজটো নিঃশেষ কৰি দিবলৈ কোনো মাতৃৰেই সত নাযায় ৷ তেনেকৈ ক'বলৈ তেওঁৰো অন্তৰাত্মাই কান্দিছিল। 

   কিন্তু তাইৰ কথা শুনি মানুহজন খঙত অগ্নিশৰ্মা হৈ পৰিছিল , 
"মূৰটো ঠিকে আছেতো তোৰ ? দেখা নাই এটা যে ল’ৰা সন্তান লাগে ? বংশৰ প্ৰদীপ ? কেনেকৈ এনে কথা ক'ব পাৰিলি ? সেই আপদ কেইটাক তাই শিক্ষিত কৰায় ! তই ভাবিবলৈ পাৰিছ কেনেকৈ ? শুন , যেনেতেনে এইবাৰ কিন্তু ল’ৰা হ'বই লাগিব ৷"

  কিন্তু এইবাৰো ল’ৰা নহ’ল ৷ 
  ছোৱালী হোৱা খবৰ পাই খঙতে একো নাই হৈ মানুহজনে বলিয়াৰ দৰে কোঠাৰ বস্তুবোৰ যেনি তেনি দলিয়াইছিল ৷ বাপেকৰ উগ্ৰমূৰ্তি দেখি সৰু সৰু ছোৱালী তিনিজনীয়ে ভয়তে বিছনাৰ তলত লুকাইছিল ৷ বাপেকৰ ঘৃণাই তাহাঁতক ভয়াতুৰ আৰু শান্ত কৰি পেলালে ৷ 
  কিন্তু নিশিপ্ৰভা যেন সম্পূৰ্ণ ব্যতিক্ৰম আছিল ৷ অন্যায় কথা তাই সহ্য নকৰিছিল ৷ মন গৈছিল দেউতাকৰ প্ৰতিটো অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ ৷ কিন্তু তাৰ পিছত  দেউতাকে নিৰীহ মাকজনীক যি অকথ্য ভাষাৰে গালি পাৰিব, সেইবোৰ ভাবিয়েই তাই নীৰৱে থাকিবলৈ বাধ্য হৈছিল ৷  কিন্তু কথাই প্ৰতি মাকক "ছোৱালী এবাহ জন্ম দিয়া" বুলি দেউতাকে গালি পাৰি থকা কথাটো লাহে লাহে তাইৰ বাবে অসহ্যকৰ হৈ পৰিছিল ৷ সেইবাবেই খঙৰ ভমকত এদিন পোনচাটেই গৈ গালি পাৰি থকা দেউতাকৰ সমুখত নিৰ্ভীকভাবে থিয় হৈ তাই কৈছিল,  "দেউতা , মানক নামানক ,কিন্তু আপুনিয়েই আমাৰ দেউতা ৷ সেইবাবে আপোনাক আমি দেউতা বুলিয়ে মাতিম ৷ কিন্তু অদৰকাৰত আপুনি ইমান অশান্তি কিয় কৰে ?  ছোৱালী কি মানুহ নহয় নেকি ? আইতা , বৰমা , পেহীহতো ছোৱালী ৷ তেওঁলোকক কিয় একো  নকয় ? আইতা নহ'লে আপুনি জন্মও নহ'ল হয় ৷ স্কুলৰ কিতাপত পঢ়িছোঁ দেউতা, সন্তানটো ল’ৰা হ’ব নে ছোৱালী হ’ব তাত মাকৰ একো হাত নাথাকে , পুৰুষৰ ওপৰতহে নিৰ্ভৰ কৰে ৷ যদি আপোনাৰ ল’ৰা নাই তেনেহ'লে তাৰবাবে আপুনিহে জগৰীয়া , মা নহয় ৷ মোক বিশ্বাস নকৰিলে আপুনি নিজে পঢ়ি চাবও পাৰে ৷ মিছাতে  মাক বকি নাথাকিব ৷ আমাৰ চাৰিও জনীৰ জন্মৰ মূল কাৰণ আপুনিহে ৷ মা ভাৰবাহী মাত্ৰ ৷

   সিদিনা অস্বাভাৱিক ধৰণে বাপেক শান্ত হৈ পৰিছিল ৷ ৰাতি ভাতো নাখালে ৷ মাকেও খোৱা নাছিল ৷ বিছনাত পৰি মাকে ফেকুৰি ফেকুৰি  কান্দিছিল ৷  মাকৰ মূৰত মৰম কৰি দি দেউতাকে নুশুনাকৈ তাই মাকক কৈছিল, নাকান্দিবা, দেউতাৰ ওচৰত তোমাৰ চকুপানীৰ একো মূল্য নাই ৷ সেইদিনা তাইৰ ওচৰত মাকে যেন নিৰাপত্তাৰ আভাস পাইছিল ! সেইদিনাৰ পিছত আৰু কোনোদিনেই  মানুহজনে ছোৱালী এবাঁহ  জন্ম দিয়া বুলি মাকক তাচ্ছিল্য কৰা নাছিল ৷ যদিওবা  সন্তানৰ প্ৰতি অৱজ্ঞা একেই থাকিল ৷ 

   নিভাৰ মেট্ৰিকৰ ফলাফলে ঘৰখনলৈ পৰিবৰ্তনৰ বতাহ জাক বোৱাই দিলে ৷ সেই বতাহে ঘৰখনলৈ কঢ়িয়াই আনিলে হাঁহি-আনন্দ, শান্তি- মৰম  আৰু উৰুৱাই লৈ গ’ল  ভয়- শঙ্কা, চকুলো, খং- ৰাগ  বহু দূৰলৈ ৷

   পৰহিলৈ নিভা হোষ্টেললৈ যাব ৷ নতুন ঠাই , নতুন কলেজ , হোষ্টেলৰ নতুন পৰিবেশ ৷ সকলো অচিনাকি ৷ সেই অচিনাকি নতুন  পৰিবেশতো নিজৰ লক্ষ্যত অটল থাকিবলৈ তাই দৃঢ় হয় ৷ চিলোৱা হ'লত তাই গাদীটো দেউতাকক দেখুৱাবলৈ বাহিৰলৈ লৈ আহিল ৷ বাৰাণ্ডাত বহি থকা মাক দেউতাকক গাদীটো দেখুৱাই তাই কলে, " চাওঁক দেউতা, আপুনি পেলাবলৈ কোৱা গাদীটো , কিমান ধুনীয়া হৈ গ’ল ! গাদীটো বুকুত সাৱটি তাই কৈ উঠিল, এইটো মোৰ বাবে বহুত লাকী ৷ দেউতা , আপুনি দিয়া প্ৰথম উপহাৰ  ৷ এইটো সদায় মোৰ লগত থাকিব , তেতিয়া আপুনি মোৰ কাষত থকা যেন লাগিব ৷

  : হয় অ’ ! মই হে একোৰে মূল বুজিবলৈ নিশিকিলো ৷ তহঁতৰ দৰে ৰত্ন একোটাকে  চিনাত মোৰ পলম হ’ল ৷ পুত্ৰসন্তানৰ মোহত...

   : বাদ দিয়ক দেউতা ৷ সেইবোৰ কথা পাহৰি যাওক ৷ 

  কথাষাৰ সম্পূৰ্ণ কৰিব নিদি আধাতে তাই কৈ উঠিল ৷ গাদীটো লৈ তাই তাৰপৰা আঁতৰি আহে ৷ কাষতে বহি থকা  পত্নীলৈ চাই বৈদুৰ্য্য বৰুৱাই  বৰ কৰুণ ভাবে কৈ উঠিলে, "কিনো ক’ম তোমাক ? নিষ্ঠুৰতাৰে , গালি গালাজেৰে তোমাৰ জীৱনৰ মধুময় হ’বলগীয়া সময়চোৱা বিষময় কৰি তুলিছিলোঁ ৷ ক্ষমাৰ অযোগ্য ভুলেৰে তোমাক বৰ কষ্ট দিলোঁ ৷"

  পত্নীৰ সোঁহাতখন নিজৰ দুহাতৰ মাজত লৈ নীৰৱে ৰ’ল কিছুক্ষণ ৷ পত্নীৰ দুচকুত নিবদ্ধ তেওঁৰ দুচকুত নীৰৱ ভাষা ৷ হয়তো সেই ভাষা  প্ৰাৰ্থনাৰ ভাষা ৷ তেওঁৰ দুচকুৰ পৰা পত্নীৰ দুচকুৰে হৃদয়লৈ নীৰৱে বৈ আহিল সেই প্ৰাৰ্থনা ৷ কোনেও নুবুজিলেও মানুহজনীয়ে বুজি পালে সেই প্ৰাৰ্থনাৰ আকুতি --"মোৰ সমস্ত ভুল তুমি ক্ষমা কৰি দিব পাৰিবানে ?"

   মানুহজনীৰ উজলি উঠা  মুখখনত বিয়পি পৰা হাঁহিটোতেই মানুহজনে পালে  সমুখৰ দিনবোৰ সেউজীয়া হোৱাৰ সংকেত ৷

পৃষ্ঠাঃ ৩৯
ৰসাইৰ ফটাঢোলৰ ছেও
      
হিৰণ্য কুমাৰ ভূঞা

          ৰঙাজান গাওঁখনতে নহয়, গোটেই অঞ্চলটো য'তে ৰসাইক কোনোৱে ফুটাঢোল আৰু কোনোৱে ফটাঢোল বুলি কয় - কাৰণ মুখৰ কথাৰে য'তে ত'তে এনে দৰে হোৱাই নোহোৱাই ঢোল কোৱাই ফুৰে যাৰ কৰণে বহুতে ৰস পালেও আন বহুতক আমনি আমনি দিয়াৰ বাদেও বিপদ আৰু টেনচনত পেলায় । ক'ৰাবত বলখেলা হওক বা ৰজহুৱা মিটিং মাটাং , ভাওনা- সবাহ বা চাৰিআলিৰ হাঁহিৰামৰ দোকানৰ মূখত কেৰেম খেলাৰ জুমতে হওক,  ৰসাই ওলাই গৈ আৰু কিবা নহয় কিবা এটা কাৰোবাৰ কথাৰ ঢোলৰ ছেও বজাবই।
        
           এবাৰ দুটা শব্দৰে ঢোলকোৱাই কইনাঘৰীয়া বিয়াঘৰৰ মানুহক বহু সময় টেনচনত নচুৱালে ।
     
             একো নাই', একো নাই ' -ৰসাই ৰাজখোৱাৰ এই ফটাঢোলৰ ছেৱত বিয়া ঘৰত থকা সকলোৰে মুখ মন্দল ভয়ত পেপুৱা লাগিছিল ।জোৰোণৰ দিনা পূৱাতে ৰাজখোৱাৰ উপস্থিতিত বিয়া ঘৰত এটা গোমা পৰিবেশে আগুৰি ধৰিলে । সকলোৰে মাত্ৰ এটাই ভয় -বেয়া খবৰ  লৈ অহা নাইতো ?
        
             ৰঙাজান গাৱঁৰ ৰাজখোৱা ঘৰৰ ডাঙৰ পুতেক ৰমাই ৰাজখোৱাৰ বিয়া ঠিক হ'ল তিনি-চাৰি মাইল মান দূৰৰ মাজুলীয়াল গাঁৱৰ  সহজ সৰল মনোৰাম বুঢ়াৰ নুমলী জী মাজনিৰ লগত । বহু কষ্টেৰে ধাৰ ঋণ কৰি মনো বুঢ়াই বিয়া খন যোগাৰ কৰিছে । 
        
           দৰাৰ মাক শয্যাশয়ী । যোৱা থোৱা অৱস্থা ।দুয়ো ঘৰৰ সন্মতি সাপেক্ষে বিয়াখন এসপ্তাহতে পতাৰ থিক কৰিছিল , যাতে বূঢ়ীয়ে বোৱাৰী দেখি যায় ।

          ৰাজখোৱা ঘৰৰ চাৰি পুতেক -ফুতনি মাৰি ফুৰা বিধৰ । আনতকৈ সদাই ওপৰত থাকিব বিচাৰে ।জোৰোণত দুই চাৰি পদ সোণৰ অলংকাৰ দিয়াৰ লগতে এটি ৰ'ল-গ"ল্ড লেডিজ ঘড়ী দিব । সেইসময়ত ঘড়ী  আভিজাত্যৰ পৰিয়ালৰ বিয়াত দিয়া হৈছিল । গাৱলীয়া খেতিয়ক দৰাই সৰ্ব্বসাধাৰণতে নিদিয়ে । কিন্তু ৰাজখোৱা ঘৰে ধনী আৰু আভিজাত্য দেখুৱাব লাগিব ৰাইজক !

           টিলিং, টিলিং , টিলিং -  চাইকেলৰ টিলিঙা কইনা ঘৰৰ চোতালৰ ৰভা তলত , জোৰোণৰ দিনা ব্ৰহ্মপূৱাতে বাজি উঠাত প্ৰথমেই কইনাৰ দেউতাক ওলাই আহি দৰাৰ ভায়েক ৰসাই ৰাজখোৱাক দেখি উচাপ্ খাই উঠিল !
      
          বুঢ়াই  বুকুৰ ধপ ধপনি, ভৰিৰ কপনি কোনোমতে চম্ভালি ৰসাইক থিয়ৈ থিয়ৈ সুধিলে - বোপা ইমান  ৰাতিপূৱাই কিয় আহিলা ? কিবা বেয়া খবৰ ন‍াইতো ? 
 
         ৰসাই ফটাঢোল ছেও বাজি উটিল-' নাই, একো নাই । একো নাই ।'
         কইনাৰ মাক ওলাই আহি ৰসাইক দেখি জীৱ ওলাই যোৱাৰ দৰে হৈ মুখেৰে -'তুমি' বুলি কৈ মাত হৰিল 

       -' আইতা !' একো নাই,একো নাই' -বুলি ৰসাইৰ আকৌ ফটাঢোলৰ ছেও ।
          
         বিয়া ঘৰ হুলস্থূল । সকলো বিছনা এৰি ৰভাতল পলেহি আৰু ইজনে সিজনক ফুচ ফুচাই কোৱাকুই কৰিব ধৰিলে- বুঢ়ী গ'ল হ'ব পায় । 

         কইনাৰ ককায়েকে ৰসাইক আচুতীয়া ঠাই এডোখৰলে নি সুধিলে- ৰাজখোৱা ! পূৱাই আহিলে যে ? কিবা বেয়া খবৰ আছিল নেকি ? ৰাজখোৱাৰ এইবা্ৰ ৰসাইৰ ফুটাঢলোৰ শব্দ- 'নাই, একো নাই ।'
 
      ৰসাই ৰাজখোৱাৰ স্কুলৰ বন্ধু সেই গাঁৱৰে বিপুল আহি ওলালেহি ।
: 'এই ৰাজখোৱা দেখোন । পুৱাই। আহঁক '-
এইবুলি ৰভাতলৰ পৰা এটা কোঠালে নি দুয়ো বহি  
 কথা আৰম্ভ কৰিলে-
 : এই পুৱাই কি কাৰণে আহিলে ?
: একো নাই, একো নাই ।'
: একো নাই নহয় ; কিবা এটা নিশ্চয় আছে ।
: এইবাৰ ফটা আৰু ফুটা দুয়োটা ধৰণৰ ঢোলৰ সংমিশ্ৰণ ঘটোৱা ছেও' একো নাই ,একো নাই ।'
    : 'মানে ভাল ৰ'ল গ'ল্ড ঘড়ী এটা জোৰোণত দিম ; হাতৰ জোখতো লৈ যাবলৈ আহিলো যাতে চেইনডাল কাটি জোখমতে দুপৰীয়া জোৰোণত দি পথাব পাৰো ।'

         এক-ডেৰ ঘন্টা মানৰ মূৰত ফটাঢোলৰ 'একো নাই'ৰ ছেও সামৰণি পৰাত  কইনা ঘৰত সকলোৱে উশাহ ল'ব পৰা অৱস্থালে আহিল । 

        বিহু- বতৰ নাহিলেও, যেতিয়াই তেতিয়াই য'তে ত'তে  এই ৰসায়ে বজাই ফুৰা ফটাঢোলৰ অদ্ভুত   শব্দই ৰাইজক ভাল নচুৱায় ।

পৃষ্ঠাঃ ৪০
অনুবাদ গল্পঃ

শেষ পাতটো (The Last Leaf)

মূলঃ অ’ হেনৰী
অনুবাদ: সপ্তর্ষি বর্ধন 
কলকাতা

ৱাশ্বিংটন স্কোৱাৰৰ পশ্চিমত, এটা সৰু অঞ্চলত, ৰাস্তাবোৰ অদ্ভূৎ ধৰণৰ আৰু সেইবোৰে ইটোৰ লগত চিটি কটাকটি কৰি কিছুমান স্থানৰ সৃষ্টি কৰিছে। এই স্থানবোৰে আচহুৱা কোণ আৰু ভাঁ‌জ কিছুমানৰ সৃষ্টি কৰিছে। ৰাস্তা এটাই নিজেই নিজৰ ওপৰেৰে এবাৰ, দুবাৰ পাৰ হৈ গৈছে। এজন চিত্ৰশিল্পীয়ে এবাৰ এই ৰাস্তাটোত এক মূল্যবান সম্ভাৱনীয়াতা আৱিষ্কাৰ কৰিছিল।

গতিকে তুৰন্তে পুৰণি আৰ্হিৰ গ্ৰীণৱীটছ ৱিলেজলৈ শিল্পী ধৰণৰ মানুহবোৰে চুপচাপে আহি উত্তৰ ফালৰ খিৰিকী, ওঠৰ শতিকাৰ, তিনিকোণীয়াকৈ আগবাঢ়ি অহা ঘৰৰ চাল, দাচ্চ আৰ্হিৰ চিলিঙত লাগি থকা কোঠালী আৰু কম ভাড়াৰ সন্ধানত লাগি গৈছিল। তাৰ পাছত তেওঁ‌লোকে সিক্সথ এৱিনিউৰ পৰা কেইটামান টিন আৰু সীহেৰে নিৰ্মিত, ধোঁ‌ৱা বৰণীয়া কাপ আৰু খাদ্য গৰম কৰি ৰখাৰ ব্যৱস্থা থকা ৰন্ধা পাত্ৰ আনিলে আৰু সেইটো এটা ক'ল'নী হৈ পৰিল।

চাপৰ, বহল, ইটাৰে নিৰ্মিত তিনিমহলীয়া এটাৰ একেবাৰে ওপৰত আছিল স্যু আৰু জ'ন্সীৰ শিল্পশালা। জোৱানাৰ পৰা সহজ ৰূপ জ'ন্সী।এগৰাকী আছিল মেইন প্ৰদেশৰ; আনগৰাকী কেলিফ'ৰ্ণিয়াৰ। তেওঁ‌লোকৰ দেখাদেখি হৈছিল "অষ্টম ৰাস্তাৰ" নিৰ্ধাৰিত মূল্যৰ খাদ্যৰ "ডেলম'নিক'"ৰ ৰেষ্টোঁ‌ৰাত। তাতেই দুয়োৱে দুয়োৰ ক'লা, চিকোৰীৰ চালাড আৰু চোলাৰ দীঘল হাতৰ বিষয়ে এনে ৰুচিৰ মিল পাইছিল যে তাৰ ফলত দুয়োগৰাকীয়ে লগ হৈ শিল্পশালাটো গঢ়ি তুলিছিল।

সেয়া আছিল, মে' মাহৰ কথা।নৱেম্বৰ মাহত আহি উপস্থিত হৈছিল এক চেঁ‌চা, অদৃশ্য, অচিন আলহী যাক ডাক্তৰ সকলে নিউমোনিয়া নামেৰে মাতিছিল। সি ক'ল'নীটোৰ অ'ত ত'ত চোপ লৈ অ'ত এটাক আৰু ত'ত এটাক, তাৰ বৰফ চেঁ‌চা আঙুলিৰে চুই গৈছিল। পূবফালে এই আক্ৰমণ ভীষণভাৱে চলিছিল আৰু গণ্ডাই, গণ্ডাই মানুহ তাৰ চিকাৰত পৰিছিল।

কিন্তু শেলুৱৈয়ে আৱৰা, ঠেক, মকৰাজাল সদৃশ "স্থান সমূহত", তাৰ ভৰিৰ গতি মন্থৰ হৈ পৰিছিল।
মিঃ নিউমোনিয়াৰ আচৰণ আছিল অভদ্ৰ। কেলিফ'ৰ্ণিয়াৰ জুৰ মলয়াত ডাঙৰ হোৱা জ'ঞ্চীৰ বাবে তেওঁ‌ হৈ পৰিছিল মাৰাত্মক। তেওঁ‌লোকৰ ঠিক পিছৰ ইটাৰ ঘৰটোৰ শূন্য ফালে, সৰু ডাচ্চ খিৰিকীখনেৰ চাই, জ'ঞ্চী তেওঁ‌ৰ ৰং কৰা লোহাৰ বিছনাখনত, লৰচৰ নকৰাকৈ পৰি আছিল।

এদিন ৰাতিপুৱা , নোমাল, পকা চেলাউৰিৰে ব্যস্ত ডাক্তৰজনে স্যুক অহাযোৱা কৰা হলটোলৈ মাতিলে।
থাৰ্ম'মিটাৰৰ পাৰাখিনি তললৈ নিয়াৰ বাবে থাৰ্ম'মিটাৰটো জোকাৰি, জোকাৰি তেওঁ‌ কলে, "তোমাৰ বান্ধৱীৰ, ধৰা, দহৰ ভিতৰ এক সুযোগ আছে বাচি থকাৰ। সেই সুযোগটো আকৌ আহিব তেওঁ‌ৰ জীয়াই থকাৰ ইচ্ছা শক্তিৰ ওপৰত নিৰ্ভৰ কৰি। এইদৰে মৃত্যুৰ বিষয়ে মন দূৰ্বল কৰি মানুহবোৰে ঔষধপাতিৰ অৰ্থই নোহোৱা কৰিছে। তোমাৰ বান্ধৱীৰ মনত এই ভাৱটোৱে থিতাপি লৈছে যে তেওঁ‌ সুস্থ হৈ নুঠে। তেওঁ‌ৰ মনত কিবা প্ৰবল ইচ্ছা আছে নেকি ?"

"তাই--তাই কোনোবা এদিন নেপলছ উপসাগৰ খন আঁ‌কিবলৈ ইচ্ছা থকা বুলি কৈছিল", স্যুৱে উত্তৰ দিছিল।

"ৰঙ-তুলিকা? বাজে কথা! এনে কোনো কথা নাইনে তেওঁ‌ৰ মনত যাৰ বাবে দুবাৰ চিন্তা কৰিব পাৰি - ধৰা কোনোবা পুৰুষ ?"

"কোনোবা পুৰুষ ?"  ইহুদী সকলে বজোৱা হাৰ্পৰ ধ্বনিৰ দৰে কণ্ঠেৰে স্যুৱে কৈছিল।

"পুৰুষ এজনৰ কিবা মূল্য আছেনে - কিন্তু, নাই, নাই, ডাক্তৰ। তাইৰ তেনে কোনো নাই।"

"তেন্তে তাইৰ ক্ষেত্ৰত ই এক দূৰ্বলতা। মোৰ প্ৰচেষ্টাৰ মাজেৰে বিজ্ঞানে যিখিনি দিব পৰে, আটাইখিনি মই দিম। কিন্তু মোৰ ৰোগীয়ে যেতিয়া তেওঁ‌ৰ শৱ যাত্ৰাত যাবলগীয়া গাড়ীৰ সংখ্যা হিচাপ কৰিবলৈ লয়, মই ঔষধৰ আৰোগ্যকাৰী গুণৰ পৰা শতকৰা পঞ্চাশ ভাগ বাদ দিওঁ‌। যদি তুমি তেওঁ‌ক এইবছৰৰ শীতৰ সাজ পোচাকত দীঘল হাত সম্পৰ্কে প্ৰশ্ন এটা সোধাব পাৰা, তেন্তে মই কথা দিছোঁ‌, তেওঁ‌ বাচি থকাৰ সম্ভাৱনা দহৰ ভিতৰত একৰ সলনি, মই পাঁ‌চৰ ভিতৰত এক কৰিম।"

ডাক্তৰ গুচি যোৱাৰ পাছত, স্যুৱে শিল্পশাললৈ উভটি গৈ, কান্দি কান্দি, চকুপানীৰে জাপানী নেপকিন এখন ভিজাই দিলে। তাৰ পিছত ৰেগ সংগীত সুহুৰিয়াই, সুহুৰিয়াই, হাতত দ্ৰয়িং ব'ৰ্ডখন লৈ, যথেষ্ট আত্মপ্ৰত্যয়েৰে জ'ঞ্চীৰ কোঠালৈ সোমাই গ'ল।

জ'ঞ্চীয়ে খিৰিকীৰ ফালে মুখখন কৰি, বিছনাত, উৰা কাপোৰৰ তলত, অলপো লৰচৰ নকৰাকৈ পৰি আছিল। তাই শুই থকা বুলি ভাৱি স্যুৱে সুহুৰি বন্ধ কৰিলে।

তেওঁ‌ ব'ৰ্ডখন ঠিকথাক কৰি লৈ, আলোচনী এখনৰ গল্পৰ বাবে কলম আৰু চিয়াঁ‌হীৰে ব্যখ্যা-চিত্ৰ আঁ‌কিবলৈ আৰম্ভ কৰিলে। তৰুণ লেখক-লেখিকাই আলোচনীৰ বাবে গল্প লিখি যেনেকৈ সহিত্যলৈ বাট উলিয়াই লয়, তেনেদৰে তৰুণ শিল্পী সকলে, আলোচনীৰ গল্পৰ বাবে ব্যাখ্যা-চিত্ৰ অঙ্কণ কৰি কলাৰ জগতলৈ বাট উলিয়াই ল'বই লাগিব।

স্যুয়ে গল্পটোৰ নায়ক, আইডাহো ৰাজ্যৰ কাওবয় এজনৰ চিত্ৰত অশ্বাৰোহীৰ সুন্দৰ পোচাক আৰু ফ্ৰেমবিহীন, এটা চকুৰ চশমা আঁ‌কি থাকোতেই , নিম্ন স্বৰত হোৱা শব্দ এটা বাৰে,বাৰে শুনিলে। তেওঁ‌ তৎক্ষণাত বিছনাখনৰ কাষলৈ গ'ল।

জ'ঞ্চীৰ চকুহাল, বহলকৈ মেলা আছিল। খিৰিকীৰে বাহিৰলৈ চাই, তাই ওপৰৰ পৰা তললৈ গণণা কৰি আছিল। "বাৰ", তাই কৈছিল; তাৰ অলপ পিছতে কৈছিল,"এঘাৰ"; তাৰ পাছত"দহ",তাৰ পাছত"ন", তাৰ পাছত "আঠ" আৰু "সাত", প্ৰায় একেলগে কৈছিল।

উদ্বিগ্নতাৰে তেওঁ‌ বাহিৰলৈ চাই পঠিয়াইছিল। তাতনো হিচাপ কৰিবলগীয়া কি আছিল ? তাত আছিল এখন শূন্য , হতাশাৰে মন ভৰোৱা, বিৱৰ্ণ চোতাল আৰু কুৰি ফুটমান আঁ‌তৰত, ইটাৰ ঘৰটোৰ উদংফালটো। শিপাতেই ডাঙৰ গাঁ‌ঠি হোৱা, লেৰেলা এডাল আইভি লতা, ইটাৰ দেৱালৰ আধামানলৈ বগাইছিল।

শৰতৰ চেঁ‌চা নিশ্বাস লাগি লতাডালৰ পাতবোৰ সৰি সৰি, তাৰ জকা সদৃশ ঠেঙুলিবোৰ প্ৰায় পত্ৰবিহীন হৈ ভাঙি পৰো, পৰো হোৱা ইটাবোৰ আকোৱালি আছিল।

"হেৰা, সোণজনী, কিনো চাই আছা ?"

"ছয়", জ'ঞ্চীয়ে প্ৰায় ফুচফুচাই কৈছিল। "সিহঁ‌তবোৰ এতিয়া বেছি বেগাই পৰিছে। তিনিদিন আগত প্ৰায় এশ আছিল। গণনা কৰি, কৰি, মোৰ মূৰ বিষাই গৈছিল। কিন্তু এতিয়া সহজ হৈ পৰিছে। আন এটা গ'ল। এতিয়া মাত্ৰ পাঁ‌চটাহে বাকী আছে।"

"কি পাঁ‌চটা, সোণজনী ? তোমাৰ স্যুক নোকোৱা জানো ?"

"পাত। সৌ আইভি লতাডালত। শেষ পাতটো সৰিল মানে ময়ো মৰিলোঁ‌। কথাটো মই তিনি দিনৰ পৰাই জানোঁ‌। ডাক্তৰে কোৱা নাই জানো। তোমাক ?"

"নাই, এনেকুৱা বাজে কথা মই কেতিয়াও শুনা নাই", স্যুৱে বিদ্ৰুপৰ সুৰত ক'লে।

"তুমি সুস্থ হৈ উঠাৰ লগত, সেই পুৰণি আইভী লতাডালৰ পাতৰ কি সম্পৰ্ক আছে ?আৰু তুমিতো লতাডালক এসময়ত ভাল পাইছিলা, দুষ্ট ছোৱালীজনী। মূৰ্খৰ দৰে আচৰণ নকৰিবা। কিয়, ডাক্তৰেতো ৰাতিপুৱা মোক ক'লে যে তুমি সোনকালে সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে - ৰ'বা, তেওঁ‌ ঠিক যেনেকৈ কৈছিল, তেনেকৈ কওঁ‌ - তেওঁ‌ কৈছিল সম্ভৱ দহৰ ভিতৰত এক। সেয়া আমি নিউয়ৰ্কত ৰাস্তাৰ গাড়ীত ঘুৰোঁতে বা নতুন অট্টালিকা এটাৰ কাষেৰে যাওঁতে বাচি যোৱাৰ যিখিনি সম্ভাৱনা, সিমানখিনিয়েই। এতিয়া অলপ মঙহ, পাচলিৰ চুপ খোৱা আৰু তোমাৰ স্যুডিক ছবি অঁ‌কা কামলৈ ঘূৰি যাবলৈ দিয়া যাতে তেওঁ‌ সম্পাদক মহোদয়ক চিত্ৰ বিক্ৰী কৰিব পাৰে আৰু সেই পইছাৰে, তেওঁৰ অসুস্থ ছোৱালীজনীলৈ অলপ প'ৰ্ট ৱাইন আৰু নিজৰ লুভীয়া জিভাখনৰ বাবে কেইটামান গাহৰিৰ মঙহৰ চ'প কিনিব পাৰে।"
"তুমি পুনৰ ৱাইন কিনিব নালাগে", খিৰিকীৰ বাহিৰত দৃষ্টি আৱদ্ধ ৰাখি জ'ঞ্চীয়ে কৈছিল। "আৰু এটা গ'ল। নাই, মোক একো চুপ টুপ নালাগে। এতিয়া মাত্ৰ চাৰিটাহে থাকিল। আন্ধাৰ হোৱাৰ আগতেই মই শেষ পাতটো সৰি যোৱা চাবলৈ বিচাৰোঁ‌। তেতিয়া মোৰো মৰণ আহিব।"

"জ'ঞ্চী, সোণজনী", স্যুৱে তাইৰ ওপৰত হালি লৈ ক'লে,"মোৰ কাম শেষ নোহোৱালৈ তুমি চকু বন্ধ কৰি ৰাখি, খিৰিকীৰে বাহিৰলৈ লৈ চাই নাথাকো বুলি শপত লবানে ? কাইলৈৰ ভিতৰত মই এই চিত্ৰখিনি জমা দিবই লাগিব। মোক পোহৰ লাগে।নহ'লে মই আৰঁ‌ কাপোৰ খন টানি নমাই ল'ম।
"তুমি আনটো কোঠাত আঁ‌কিব পাৰিবানে ?" নিৰুত্তাপ ভাৱে জ'ঞ্চীয়ে সুধিছিল।

"মই ইয়াতহে থকিম, তোমাৰ কাষত", স্যুই উত্তৰ দিছিল। "তদুপৰি সেই আইভি লতাডালৰ বাজে পাত কেইটালৈ তুমি চাই থকাটো মই নিবিচাৰোঁ‌।"

"তুমি কাম সামৰাৰ লগে, লগেই মোক ক'বা", পৰি যোৱা বগা, নিঠৰ মূৰ্তি এটাৰ দৰে চকু জপাই জ'ঞ্চীয়ে কৈছিল," কাৰণ মই শেষ পাতটো পৰি যোৱা চাবলৈ বিচাৰোঁ‌। অপেক্ষা কৰি কৰি মই ভাগৰি পৰিছোঁ‌। মই চিন্তা কৰি, কৰি ভাগৰি পৰিছোঁ‌। সকলোকে ধৰি থকা মোৰ হাতৰ মুঠিটো মই ঢিলা কৰি দিবলৈ বিচাৰিছোঁ‌ আৰু সেই দূৰ্ভগীয়া, ক্লান্ত পাতবোৰৰ এটাৰ দৰে মই পাল তৰি আঁ‌তৰি যাবলৈ বিচাৰিছোঁ‌।"

"শুবলৈ যত্ন কৰা। মই বেহৰ্মানক, অকলশৰীয়া খনি শ্ৰমিকৰ ম'ডেল হিচাপে মাতি আনিবই লাগিব। এক মিনিট নালাগে। মই ঘুৰি আহি নোপোৱালৈ লৰচৰ কৰিবলৈ যত্ন নকৰিবা কিন্তু।"

বৃদ্ধ বেহৰ্মান আছিল এজন চিত্ৰশিল্পী আৰু তেওঁ‌ একেটা ঘৰৰ ভূ-মহলাত বাস কৰিছিল। তেওঁ‌ৰ বয়স ষাঠীৰ ওপৰ আছিল - সুশ্ৰী দেহ আৰু দীঘল দাঢ়ি একোচাৰে তেওঁ‌ দেখনিয়াৰ আছিল।

ক'লাৰ ক্ষেত্ৰত বেহৰ্মান ব্যৰ্থ হৈছিল। চল্লিশ বছৰ ৰং তুলিকাৰ ব্যৱহাৰ কৰিও তেওঁ‌ সন্মান আদায় কৰিব পৰা নাছিল। তেওঁ‌ তেওঁ‌ৰ শ্ৰেষ্ঠতম পেইণ্টিংখন আঁ‌কিবলৈ সদায় প্ৰস্তুত আছিল, কিন্তু কাহানিও আৰম্ভ কৰিব পৰা নাছিল। কেইবাবছৰ ধৰি মাজে সময়ে বাণিজ্যিক কাৰণত বা বিজ্ঞাপনৰ বাবে অঁ‌কাৰ সলনি কোনো ধৰণৰ পেইণ্টিং কৰা নাছিল। ক'লনীত বাস কৰা তৰুণ-তৰুণী যি সকল শিল্পীয়ে পেশাদাৰী ম'ডেলক পইছা দিব পৰা নাছিল, সেই সকলৰ বাবে ম'ডেল হিচাপে কাম কৰি দুই পইছা আৰ্জিছিল। তেওঁ‌ অতি বেছি পৰিমাণৰ জিন পান কৰিছিল আৰু তেতিয়াও নিজৰ শ্ৰেষ্ঠতম কলাকৃতিৰ কথা কৈছিল। আন কথাত ক'বলৈ হ'লে তেওঁ‌ আছিল এক ভয়ানক ভাৱে ৰাগী, সৰু আকাৰৰ বৃদ্ধ এজন যিয়ে কাৰোবাৰ মাজত অকণ কোমল অনুভুতি দেখিলেও তীব্ৰ ভাৱে বিদ্ৰূপাত্মক কথা কৈছিল আৰু ওপৰৰ ষ্টুডিঅ'ত বাস কৰা দুই তৰুণী শিল্পীৰ ৰক্ষণাবেক্ষনৰ বাবে নিজকে মাষ্টিফ জাতৰ বিশেষ কুকুৰ এটা বুলি গণ্য কৰিছিল।

স্যুৱে গৈ বেহৰ্মানৰ অনুজ্বল পোহৰে আৱৰি ৰখা চোংটোত তেওঁ‌ক পালে। মানুহজনৰ মুখৰ পৰা জুনিপাৰ বেৰীৰ উগ্ৰ গোন্ধ। এটা চুকত, এডাল ঈজেলৰ ওপৰত উকা কেনভাচ এখন, যিখনে তেওঁ‌ৰ শ্ৰেষ্ঠতম কলাকৃতি হ'বলৈ পচিশ বছৰ ধৰি প্ৰথম ৰেখাডাল পাবলৈ অপেক্ষা কৰি আছিল। স্যুৱে তেওঁ‌ক জ'ঞ্চীৰ অদ্ভূত কল্পনাৰ কথা কৈছিল - কেনেকৈ তাই ভয় কৰিছিল যে গছৰ পাত এটাৰ দৰে পাতল আৰু ঠুনুকা তাই নিজেই, পৃথিৱীক ধৰি ৰখা মুঠিতো অলপ ঢিলাই দিলেই কেনেকৈ পাত এটাৰ দৰে ওপঙি, ওপঙি আঁ‌তৰি যাব।

নিচাত মাতাল বেহৰ্মানে, ৰঙা চকুৰে এনেকুৱা মূৰ্খৰ কল্পনাৰ প্ৰতি বিতৃষ্ণা আৰু বিদ্ৰূপ, চিঞৰি, চিঞৰি প্ৰকাশ কৰিলে।

"ধেৎ", তেওঁ‌ চিঞৰি উঠিছিল, " ফাল্টু এডাল লতাৰ পৰা পাত সৰি পৰিল বুলিয়ে, মৰিব বুলি ভৱা মুৰ্খামি কৰা মানুহো এই সংসাৰত আছেনে ? এনে কথা ক'তো আগতে শুনা নাই দেই। নাই, তোমাৰ বাবে মই খনি কৰ্মীৰ ম'ডেল হ'ব নোৱাৰিম। কিয় এনেকুৱা বাজে চিন্তা তাইৰ মগজুত আহিবলৈ দিছা ? সেই বেচেৰী মিছ জ'ঞ্চীৰ মগজুলৈ?"

"তেওঁ‌ৰ গা অতি বেয়া আৰু তেওঁ‌ বৰ দূৰ্বল হৈ আছে। জ্বৰৰ ফলত মনটো মৃত্যুমুখী চিন্তাই ভৰাই দিয়াৰ উপৰিও অদ্ভূত, অদ্ভূত কল্পনা কিছুমানে মনটোত বাহ লৈছে। ঠিক আছে, মিঃ বেহৰ্মান, আপুনি যদি মোৰ বাবে প'জ দিব নুখুজে, নালাগে দিব। কিন্তু মই ভাৱোঁ‌ আপুনি এজন ভয়ানক, চেলচেলীয়া বৃদ্ধ।"

"তুমিও দহজনী তিৰোতাৰ দৰেই", বেহৰ্মানে চিৎকাৰ কৰি উঠিছিল।" কোনে ক'লে মই প'জ নিদিম বুলি ? ব'লা, তোমাৰ লগতে ময়ো যাওঁ‌।আধাঘণ্টা ধৰি মই এইটোৱে কবলৈ চেষ্টা কৰি আছোঁ‌ যে মই প'জ দিবলৈ সাজু। হে ভগৱান, এইখন এনে ঠাই নহয় য'ত মিছ জ'ঞ্চীৰ দৰে ইমান ভাল ছোৱালী এজনী বেমাৰত পৰি থাকিব লাগিব।কোনোবাদিনা মোৰ শ্ৰেষ্ঠ পেইণ্টিংখন কৰিম আৰু আমি আটাইবোৰ গুচি যাম।ভগৱান ! হয়।"

তেওঁ‌লোক ওপৰ মহলা গৈ পাওঁ‌তে, জ'ঞ্চী শুই আছিল। স্যুৱে আঁ‌ৰকাপোৰ খন টানি তললৈ নমাই দিলে আৰু বেৰ্হামানক ঈঙ্গিত দি আনটো কোঠালৈ মাতিলে। তাৰ পৰা, ভয় ভয়কৈ আইভি লতাডাললৈ খুব মনদি চালে। তাৰ পাছত একো নোকোৱাকৈ ইজনে সিজনৰ ফালে চালে ক্ষন্তেকৰ বাবে। একেৰাহে বৰফ মিহলি হৈ থকা , চেঁ‌চা বৰষুণ এজাক পৰি আছিল। বেৰ্হমানে তেওঁ‌ৰ পুৰণি, নীলা চোলাটো পিন্ধিয়ে, প্ৰস্তৰ এছটাৰ সলনি, লুটিয়াই লোৱা কেটলী এটাৰ ওপৰত বহি নিসঃঙ্গ খনি শ্ৰমিকৰ ভঙ্গীমাত বহি দিলে।

পিছদিনা ৰাতিপুৱা এঘণ্টা শুৱাৰ পাছত, স্যুৱে যেতিয়া সাৰ পাইছিল, তেওঁ‌ জ'ঞ্চীক নিষ্প্ৰভ চকু দুটা বহলকৈ মেলি, টানি থোৱা, সেউজীয়া আঁ‌ৰ কাপোৰখনৰ ফালে ৰ' লাগি চাই থকা দেখিলে।
"সেইখন ওপৰলৈ টানি দিয়া; মই চাবলৈ বিচাৰোঁ‌", ফুচফুচাই, আদেশৰ সুৰত জ'ঞ্চীয়ে কৈছিল।
ভীষণ ক্লান্তিৰে স্যুই আদেশ পালন কৰিছিল।

কিন্তু, চোৱা ! গোটেই নিশা প্ৰচণ্ড বৰষুণ আৰু তীব্ৰ বতাহ বলি থকা স্বত্বেও, ইটাৰ দেৱালত আইভি লতাৰ এটা পাত তেতিয়াও লাগি আছিল।সেইটোৱে আছিল লতাডালৰ শেষ পাতটো। ঠাৰিডালৰ কাষত এতিয়াও ঘন সেউজীয়া কিন্তু কৰতৰ মুখৰ দৰে হোৱা তাৰ দুই দাঁ‌তিত অন্তিম ক্ষণৰ অৱক্ষয়ৰ স্বৰূপ লৈ, মাটিৰ পৰা বিশ ফুটমান ওপৰত, লতাডালৰ এটা শাখাত ই ওলমি আছিল।

"এইটোৱে শেষ পাতটো", জ'ঞ্চীয়ে কৈছিল। "মই ভাৱিছিলোঁ‌,ৰাতিটোৰ ভিতৰত ই সৰি পৰিবই। মই বতাহৰ শব্দ শুনি আছিলোঁ‌। ই আজি সৰিবই আৰু ময়ো একে সময়তে মৰিম।"
"অহ সোণজনী, সোণজনী", গাৰুটোৰ ফালে তেওঁ‌ৰ ক্লান্ত মুখখন নমাই স্যুৱে কৌছিল, " নিজৰ কথা যদি নাভাৱা, মোৰ কথাতো ভাৱা। মই কি কৰিম ?"

জ'ঞ্চীয়ে কিন্তু উত্তৰ নিদিলে। পৃথিৱীৰ সাবাতোকৈ নিঃসঙ্গ প্ৰাণীটো হ'ল সেইটো, যিটোৱে তাৰ ৰহস্যময়, অন্তহীন দূৰত্বলৈ যাবলৈ প্ৰস্তুত হৈছে।এই পৃথিৱী আৰু বন্ধুত্বৰ লগত যি কেইটা বান্ধোনে তেওঁ‌ক কপকপীয়াকৈ সাঙুৰি ৰাখিছিল, সেই বান্ধোনবোৰ যিমানেই ঢিলা হৈ আহিছিল, সিমানেই জোৰে সেই অদ্ভুদ চিন্তাবোৰে তেওঁ‌ৰ মনত শিপাইছিল।

দিনটো পাৰ হৈ গৈছিল, আৰু মুনিচুনি বেলিৰ কালছোৱাৰ মাজেৰেও তেওঁ‌লোকে দেখিছিল, সেই অকলশৰীয়া পাতটো, দেৱালখনত লাগি থকা লতাডালত খামুচি ধৰি আছে। তাৰ পিছত ৰাতি অহাত পুনৰ উত্তৰৰ পৰা বোৱা বতাহে কোবাই গৈছিল, খিৰিকীত বৰষুণৰ পানীয়ে কোবাই গৈছিল আৰু ডাচ্চ আৰ্হিৰ, চাপৰ পানীপোচাৰ পৰা পানী বাগৰি গৈছিল।

পোহৰ যেতিয়া যথেষ্ট হৈছিল, নিৰ্দয়া জ'ঞ্চীয়ে আঁ‌ৰ কাপোৰখন তুলি দিবলৈ আদেশ দিছিল।
আইভি পাতটো তেতিয়াও তাত আছিল।

পাতটোৰ ফালে চাই, জ'ঞ্চী বহুত সময় বিছনাত পৰি ৰ'ল। তাৰ পাছত তেওঁ‌ স্যুক মাতিছিল; স্যুৱে গেচ ষ্টোভত জ'ঞ্চীৰ বাবে কুকুৰাৰ চুপ প্ৰস্তুত কৰি আছিল।

"মই বৰ বেয়া ছোৱালীয়ে হৈ থাকিলোঁ‌, স্যু", জ'ঞ্চীয়ে কৈছিল।" কিবা এটাই শেষ পাতটো ইয়াত ৰাখি দিলে, এইটোকে দেখুৱাবলৈ যে মই অতি, অতি অসৎ। মৰিবলৈ বিচৰাটো পাপ। মোক এতিয়া অলপ চুপ দিব পাৰা আৰু অলপমান প'ৰ্ট মিহলাই কিছু গাখীৰ দিয়া। আৰু… নাই নালাগে। প্ৰথমে মোক হাতত লৈ চাব পৰা আয়না এখন দিয়া, তাৰ পাছত কেটামান গাৰু মোৰ চাৰিওফালে বহুৱাই দিয়া; মই বহি লৈ, তুমি ৰন্ধা-বঢ়া কৰা চাই থাকিম।

এঘণ্টা পাছত তেওঁ‌ কৈছিল," কোনোবা এদিন মই নেপলছ উপসাগৰখন আঁ‌কিম।"
আবেলি ডাক্তৰজন" আহিছিল। তেওঁ‌ যাবলৈ ওলাওঁতেই, স্যুৱে চেলু এটা উলিয়াই, অহা-যোৱা কৰা হলটোলৈ ওলাই গ'ল।

স্যুৰ ক্ষীণ, কঁ‌পি থকা হাতখন নিজৰ হাতত মাজত লৈ ডাক্তৰে কৈছিল, "সুন্দৰ সম্ভাৱনা। অলপ পৰিচৰ্যা কৰা। তুমি জয়লাভ কৰিবা। মই তলৰ মহলাৰ ৰোগী এজন চাবলৈ এতিয়া যাবই লাগিব। নামটো বেৰ্হমান; মোৰ বিশ্বাস, এজন শিল্পী। একেই ৰোগ--নিউমোনিয়া। মানুহজন বৃদ্ধ, দূৰ্বল; অতি গুৰুতৰ ভাৱে আক্ৰান্ত হৈছে। বচাৰ আশা নাই; কিন্তু অলপ আৰাম পাবাৰ কাৰণে আজি হ'স্পিটেললৈ যাব।"

পিছদিনা ডাক্তৰে স্যুক কৈছিল, "জ'ঞ্চী বিপদমুক্ত। তুমি বিজয়ী হ'লা। এতিয়া মাথোন পুষ্টিকৰ আহাৰ আৰু যতন - সিমানেই।"

সেই আবেলি, স্যু আহিছিল জ'ঞ্চীৰ বিছনাখনলৈ য'ত বাগৰি জ'ঞ্চীয়ে পৰম সন্তোষেৰে, অতি নীলা ৰঙৰ আৰু অতি কামত নহা, ঊলৰ, কান্ধত লব পৰা স্কাৰ্ফ এখন গুঁ‌ঠি আছিল। স্যুৱে গাৰুৱে আৱৰি ৰখা জ'ঞ্চীক আকোৱালি এখন হাত আগবঢ়াই দিলে।

"তোমাক কথা এটা ক'বলগীয়া আছে, বগী নিগনি। হাস্পাতালত আজি মিঃ বেহৰ্মানৰ নিউমোনিয়াত মৃত্যু হ'ল। দুদিনহে বেমাৰ হৈছিল। চকীদাৰজনে প্ৰথম দিনাখন তলৰ মহলাৰ তেওঁ‌ৰ কোঠাত কষ্ট খাই, অসহায়ভাৱে পৰি থকা অৱস্থাত পাইছিল। তেওঁ‌ৰ জোতা আৰু কাপোৰ-কানি সম্পূৰ্ণভাৱে ভিজি আছিল আৰু সেইবোৰ বৰফ চেঁ‌চা হৈ পৰিছিল। এনেকুৱা ভয়াবহ ৰাতি এটা তেওঁ‌ ক'তনো কটাইছিল তেওঁ‌লোকে অনুমানেই কৰিব পৰা নাছিল। তাৰ পাছত তেওঁ‌লোকে এটা লেম্প পাইছিল যিটো তেতিয়াও জ্বলি আছিল আৰু পাইছিল নিৰ্দ্দিষ্ট ঠাইৰ পৰা টানি অনা এডাল জখলা আৰু অ'ত, ত'ত পৰি থকা কেইডালমান ব্ৰাশ আৰু এখন পেলিট য'ত সেউজীয়া আৰু হালধীয়া ৰঙ মিহলি কৰা আছিল; আৰু সোণজনী, খিৰিকীৰে বাহিৰলৈ চোৱাচোন - দেৱালত লাগি থকা আইভিৰ সেই শেষ পাতটোলৈ। তোমাৰ মনলৈ এবাৰো ভাৱ অহা নাইনে, ইমান বতাহ বলি থকা স্বত্বেও কিয় সেই পাতটোই কেতিয়াও কঁ‌পা বা লৰচৰ কৰা নাছিল? অহ, সোণজনী এইটোৱে বেৰৰ্হামৰ শ্ৰেষ্ঠতম কলাকৃতি - যি নিশা শেষ পাতটো সৰি পৰিছিল, সেই নিশাই এই পাতটো তেওঁ‌ তাত আঁ‌কি থৈ গৈছিল।"

পৃষ্ঠা ৪১
গ্ৰন্থ পৰিচয়ঃ

সংস্কৃতি বিবিধা
(ৰূপালী মহন্ত)

সঙ্গীতা সাগ্পনা শৰ্মা 
 গুৱাহাটী (মেট্ৰ) 

অসম মূলকৰ চহা সংস্কৃতি ভাৰতবৰ্ষৰ অন্যতম বিবিধা। অসমখন বাৰেৰহণীয়া সংস্কৃতিৰে ভৰপূৰ হৈ আছে।

অসমৰ চহা জীৱনত পৰম্পৰাগত সংস্কৃতিৰ বৈচিত্ৰ্যতাত এই সংস্কৃতিবোৰে অসমীয়া জাতীয় জীৱনক অলংকৃত কৰিছে। পৰম্পৰা আছে বাবেই এই সংস্কৃতিবোৰৰ তাৎপৰ্য অতি উচ্চ খাপৰ আৰু মান্যও।
অসমৰ জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ বিবিধাত ইমানেই পৰম্পৰাগত সংস্কৃতি লুকাই আছে তাক গণি শেষ কৰিবা নোৱাৰি। অসমৰ থলুৱা সংস্কৃতিৰ ভিতৰত যিবোৰ সম্পদ আছে সেইবোৰ একপ্ৰকাৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চাবলৈ গ'লে বহু ক্ষেত্ৰত জনজীৱনৰ ঔষধ। এনে কেইটামান সংস্কৃতি বিবিধা লৈ লেখিকা ৰূপালী মহন্ত বাইদেউৱে এখনি পুস্তক নব্য উন্মোচন কৰে। ভাষা প্ৰকাশন গুৱাহাটীৰ পৰা পুস্তকখন উন্মোচন কৰা হয়। পুস্তকখনৰ নামটোৱেই শুৱনী, নামটো নিৰ্বাচনৰ ক্ষেত্ৰত লেখিকাৰ শলাগ ল'ব লাগিব।

লেখিকাই অসমীয়া জনজীৱনৰ বিশাল সংস্কৃতিৰ পৰা পোন্ধৰটা ক্ৰমণিকা লৈ পুস্তক খন গৱেষণা কৰি উলিয়াইছে। এজন সাহিত্যিকে তেতিয়া সফলতা লাভ কৰে যেতিয়া লেখনৰ যোগেদি সমাজৰ বৌদ্ধিক বিকাশ হয়। সেই ক্ষেত্ৰত ৰূপালী বাইদেউ যথেষ্ট সচেতনতা অবলম্বন কৰিছে।

ৰূপালী মহন্ত বাইদেউ পেছাত এগৰাকী শিক্ষয়িত্ৰী। তেখেতে ব্যস্ততাপূৰ্ণ জীৱনৰ সংগ্ৰামৰ মাজতো এক সাহিত্য সমাজলৈ অবদান আগবঢ়াইছে। তেখেতৰ '' নিবিড় ৰাতিৰ স্বপ্ন '' শীৰ্ষক একখ কবিতা পুথি আছে। আৰু '' প্ৰবন্ধ প্ৰদীপ্তি'' সদ্য উন্মোচিত গ্ৰন্থ।
'' সংস্কৃতি বিবিধা '' পুস্তক খনিয়ে সমাজত আদৰ পাওঁক, পাঠকে আদৰি লওঁক তেহে ৰূপালী মহন্ত বাইদেউৰ শ্ৰম সাৰ্থক হ'ব। ভাষা প্ৰকাশনৰ অধক্ষ্য শ্ৰদ্ধাৰ মুকুত শৰ্ম্মা দাদাই গ্ৰন্থ উন্মোচনী সভাখনৰ অংশীদাৰ কৰি গ্ৰন্থখনি লাভ কৰাত সুবিধা কৰি দিয়াৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লেখিকা ৰূপালী মহন্ত বাইদেউৰ সাহিত্য জীৱনৰ উত্তৰউত্তৰ উন্নতি কামনা কৰিলোঁ, দীৰ্ঘায়ু কামনা কৰিলোঁ। আৰু মই নিজেই গোলাঘাটৰ যিহেতু গতিকে বাইদেউ গোলাঘাটৰ গৌৰৱোজ্জ্বল গৰাকী হোৱাৰ কামনা কৰিলোঁ।
'' কীৰ্তি যস্য স্ব জীবিত ''

পৃষ্ঠা ৪২
কথোপকথনঃ

বিশিষ্ট কবি, সুলেখিকা, শিক্ষয়িত্ৰী
বন্দনা দত্তৰ সৈতে


প্ৰথমেই স্বনামধন্য বিশিষ্ট কবি, সুলেখিকা, বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত থকা এগৰাকী সাহিত্যসেৱী শিক্ষয়িত্ৰী বন্দনা দত্ত বাইদেউক পষেকীয়া ই আলোচনী অঙ্গনৰ মজিয়ালৈ উষ্ম আদৰণি জনাইছোঁ।
অঙ্গনঃ বাইদেউ নমস্কাৰ।
বন্দনা দত্তঃ নমস্কাৰ,অঙ্গন ই আলোচনীৰ সমূহ কৰ্মকৰ্তা বিশেষভাৱে হেমেন নাথ ডাঙৰীয়ালৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অঙ্গনৰ মজিয়ালৈ আমন্ত্ৰণ জনোৱা বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।

অঙ্গনঃ একে আষাৰে ক'বলৈ গ'লে আপোনাক সাহিত্যনুৰাগী সকলৰ মাজত নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। তথাপিও আনুষ্ঠানিকতাৰ খাতিৰত আপোনাৰ পৰিচয় ডাঙি ধৰিলে আমাৰ পাঠকসকল কৃতজ্ঞ হ'ব।
বন্দনা দত্তঃ মোৰ ওপজা গাওঁ দেৰগাঁৱৰ সমীপৰ বুঢ়াগাওঁ। দেউতা স্বৰ্গীয় সোমনাথ দত্ত, তেখেতে মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল।মাৰ নাম শ্ৰীযুতা মৃণা দত্ত।ঘৰখনৰ মই জেষ্ঠ সন্তান।মোৰ স্বামী ভাৰত হাজৰিকা।মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় নাহৰণি নিম্ন বুনিয়াদী বিদ্যালয়ত।কুৰালগুৰি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰোঁ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লওঁ আৰু যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষন মহাবিদ্যালয়ৰপৰা বি.এড ডিগ্ৰী লাভ কৰোঁ। বৰ্তমান মই নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰোঁ। চমুকৈ মোৰ পৰিচয় ইমানেই।

অঙ্গনঃ অসমীয়া ভাষাত এষাৰি চিৰপৰিচিত আপ্তবাক্য আছে, 'যি মূলা বাঢ়ে তাৰ দুপাততে চিন'। এই বাক্যশাৰীৰ আঁত ধৰি আপোনাক সুধিব খুজিছোঁ, ল'ৰালি কালতেই সাহিত্য চৰ্চাৰ প্ৰতি থকা আপোনাৰ দুৰ্বাৰ আক্যাংক্ষাৰ বিষয়টো সুস্পষ্ট হৈ পৰিছিলনে? সাহিত্যৰ এই চিৰসুন্দৰ পৃথিৱীখনত কিদৰে আপুনি খোজ পেলালে? অকণমান বহলাই কওকচোন।
বন্দনা দত্তঃ লৰালি কালৰ পৰাই সাহিত্য চৰ্চা কৰিছিলোঁ বুলি ক'লে আচলতে ভুল হ'ব। স্কুলীয়া সময়ৰ পৰাই কবিতা আবৃত্তি কৰিছিলোঁ, কবিতা ভাল পাওঁ বাবেই পাঠ্যক্ৰমৰ বাহিৰৰো ভাললগা কবিতাসমূহ মুখস্থ কৰাৰ চখ আছিল। কিতাপ পঢ়াৰ পৰিবেশ এটা ঘৰখনত পাইছিলো সৰুৰেপৰাই। কলেজত থাকোতেই আৰম্ভ কৰিছিলোঁ দুই এটা প্ৰৱন্ধ লিখিবলৈ। বিশেষকৈ ২০০১চনৰ পৰাহে সাহিত্য চৰ্চাত মনোনিবেশ কৰিছোঁ। লাহে লাহে ৰাজ্যিক ভিত্তিত অনুস্থিত হোৱা সাহিত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰষ্কৃত হোৱা কথাটোৱে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত মোক যথেষ্ট অনুপ্ৰেৰণা যোগালে।

অঙ্গনঃ সাহিত্য চৰ্চা কোনো বিলাসীতা নহয়। ই প্ৰকৃতাৰ্থত এক সাধনা য'ত প্ৰয়োজন হয় লেখক লেখিকাৰ ত্যাগ, কৰ্মদক্ষতা, কল্পনাপ্ৰৱণ এটি মন আৰু জ্ঞান অৰ্জনৰ প্ৰতি দুৰ্বাৰ হেঁপাহ। এনে স্থলত যি হাৰত বৰ্তমান সামাজিক মাধ্যম আৰু ছপা মাধ্যমত সাহিত্য চৰ্চা হৈ আছে এয়া সঁচাকৈয়ে আমাৰ জাতি আৰু ভাষাটোৰ বাবে সুন্দৰ ভৱিষ্যতৰ ইঙ্গিত বুলি আপুনি বিশ্বাস কৰেনে?
বন্দনা দত্তঃ হয়। সাহিত্য চৰ্চা কেতিয়াও বিলাসিতাৰ বিষয় হ'ব নোৱাৰে। সাহিত্য এটা জাতিৰ পৰিচয়। লেখকৰ শ্ৰম ত্যাগ একনিষ্ঠতা আৰু ভাষা সাহিত্যৰ প্ৰতি থকা প্ৰীতি জড়িত হৈ আছে সাহিত্য চৰ্চাৰ আঁৰত।ই এক প্ৰকাৰ সাধনা। বৰ্তমান সময়ত‌‌‌ সামাজিক মাধ্যমত আৰু ছপা মাধ্যমত সাহিত্য চৰ্চাৰ যি ধাৰাৰ সূচনা হৈছে এয়া জাতিটোৰ বাবে ভাষাটোৰ বাবে লগতে নৱ প্ৰজন্মৰ বাবে আশাপ্ৰদ দিশ বুলি মই ভাৱো। কিন্তু সামাজিক মাধ্যমেই হওক বা ছপা মাধ্যমেই হওক ই গঠনমূলক ইতিবাচক আৰু সম্ভাৱনাপূৰ্ণ হোৱাটো প্ৰয়োজনীয়।

অঙ্গনঃ আমি জনাত আপোনাৰ কাপেৰে ইতিমধ্যে বহুকেইখন গল্প, কবিতা আৰু অণুগল্প পুথিৰ জন্ম হৈছে। আনহাতে ৰাজ্যিক ভিত্তিত আয়োজিত বিভিন্ন প্ৰতিযোগিতাতো আপুনি উল্লেখিত বিষয়সমূহত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। আপোনাৰ প্ৰকাশিত গ্ৰন্থসমূহৰ বিষয়ে আমাৰ পাঠকসকলক জনাব নেকি?
বন্দনা দত্তঃ সাহিত্য চৰ্চাৰ ক্ষেত্ৰ খনত মোৰ খোজ দৃঢ় বুলি ক'লে আচলতে ভুল হ'ব। ব্যস্ততাৰ ফাকে ফাকে মনৰ কথাবোৰ লিখি গৈছো মাত্ৰ। তথাপিও এতিয়ালৈকে প্ৰকাশ পোৱা মোৰ পুথি কেইখন হৈছে-১/কবিতা-এটি মাথোঁ শব্দৰ সন্ধানত', অনুভৱৰ ছন্দত হৃদয়ৰ বতৰা', মই দধীচি হ'ব নোৱাৰিলোঁ'। ২/গল্প সংকলন-প্ৰত্যাহ্বান,৩/প্ৰৱন্ধ সংকলন -মহিয়সী',৪/মহা জীৱনৰ আলোক (জীৱনী মূলক গ্ৰন্থ), ৫/অনুগল্প-জীৱনৰ ৰং'.মুঠ সাতখন পুথি ছপা হৈ ওলাইছে। ইয়াৰ উপৰিও অসমীয়া খবৰ', প্ৰিয় সখী', পূবেৰুণ, প্ৰতিশ্ৰুতি, দিগদৰ্শন, গদ্য-পদ্য, এনাজৰী আদিৰ লগতে বিভিন্ন কাকত আলোচনীত মোৰ লেখা প্ৰকাশ হৈ আহিছে।

অঙ্গনঃ এইখিনিতে হঠাতে মনলৈ অহা এটি প্ৰশ্ন সুধিবলৈ মন গৈছে। আমাৰ পাঠকসকলেও এই প্ৰশ্নটিৰ উত্তৰ পাই উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। বাইদেউ, সাহিত্যৰ প্ৰায়বোৰ দিশতেই আপোনাৰ কলমে নিজৰ দক্ষতাৰ পৰিচয় দিছে। আপোনাৰ বোধেৰে সাহিত্যৰ কোনটো দিশত এগৰাকী লিখকে লিখিবলৈ আটাইতকৈ বেছি সমস্যাৰ মুখামুখি হয় আৰু ইয়াৰ কাৰণ কি?
বন্দনা দত্তঃ মোৰ বোধেৰে সাহিত্যৰ কোনোটো দিশেই বৰ সহজসাধ্য নহয়।লেখক ভেদে ইয়াৰ কঠিনতা হয়তো বেলেগ বেলেগ। অবশ্যে প্ৰৱন্ধৰ ক্ষেত্ৰত জটিলতা আছে, কিয়নো ইয়াত কল্পনাৰ ৰহন নাথাকে আৰু সত্য আৰু বাস্তৱ তথ্যৰ ওপৰতে নিৰ্ভৰ কৰি লিখিব লাগে।

অঙ্গনঃ 'অসমীয়া মানুহে কিতাপ নপঢ়ে' কথাষাৰ বিশ্বাস কৰেনে? আচলতে অসমীয়া সাহিত্যত পাঠকৰ সংখ্যা কমিছে নে ভাল লেখকৰ সংখ্যা কমিছে বুলি আপুনি ভাবে?
বন্দনা দত্তঃ মোৰ মতে"অসমীয়া মানুহে কিতাপ নপঢ়ে'বোলা কথাষাৰ সম্পূৰ্ণ সত্য নহয়। এতিয়াও আমাৰ মাজত যথেষ্ট পঢ়ুৱৈ আছে। পঢ়ুৱৈ আছে বাবেই হয়তো নিতে নতুন সাহিত্যৰ সৃষ্টি হৈছে। অৱশ্যে এটা কথা সত্য যে গ্ৰন্থ অনুপাতে প্ৰচাৰ কম।পাঠকৰ মনৰ খোৰাক যোগাব পৰা সাহিত্যৰ সৃষ্টি হ'লে নিশ্চয় পঢ়ুৱৈৰ সংখ্যা বাঢ়িব।

অঙ্গনঃ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে আমি ইতিমধ্যে জানিব পাৰিছোঁ যে আপুনি নিজৰ সৃষ্টিশীল প্ৰতিভাৰ বাবে বিভিন্ন সন্মানেৰেও বিভূষিত হৈছে। এই সন্মান সমূহৰ বিষয়ে আমাৰ পাঠকসকলকো যৎকিঞ্চিত জনালে আমি উপকৃত হ'ম।
বন্দনা দত্তঃ পুৰষ্কাৰৰ কথা কবলৈ গলে ২০০৫ বৰ্ষত গুৱাহাটী লেখিকা সমাৰোহ সমিতিয়ে ৰাজ্যিক ভিত্তিত অনুস্থিত কৰা স্বৰচিত কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান লাভ কৰো। ইয়াৰ পৰবৰ্তী সময়ত গল্প, কবিতা, প্ৰৱন্ধ,পত্ৰলেখা প্ৰতিযোগিতাত ডেৰকুৰিৰো অধিক প্ৰথম, দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ।এই পুৰস্কাৰ সমূহে মোৰ আত্মবিশ্বাস বঢ়াই তুলি কলম চলাই যাবলৈ উৎসাহ যোগাই আহিছে। বিভিন্ন বঁটা,সন্মান হিচাপে 'ৰামধেনু সাহিত্য সাংস্কৃতিক গোষ্ঠী- ব্ৰহ্মপুত্ৰ'ৰ তৰফৰ পৰা ৰামধেনু বঁটা,সৃষ্টি পদাতিক 'ৰ তৰফৰ পৰা ক্ৰমে কাব্যশ্ৰী'বঁটা আৰু পদাতিক সন্মান,'এনাজৰী সাহিত্য সাংস্কৃতিক গোষ্ঠী, গুৱাহাটী' ৰ বিশেষ সম্বৰ্ধনা,দিগদৰ্শন' প্ৰকাশনৰ তৰফৰ পৰা ক্ৰমে 'কবিকণ্ঠ' আৰু 'শ্ৰেষ্ঠ প্ৰতিনিধি 'বঁটা,অনুভৱৰ ছন্দত হৃদয়ৰ বতৰা'শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে স্বৰ্গীয় অতুল ঠাকুৰ সোঁৱৰণী বঁটা,২০২০বৰ্ষত গোলাঘাট জিলা প্ৰশাসনে প্ৰদান কৰা কৃতী শিক্ষকৰ বঁটা লাভ কৰোঁ।এই মৰম , সন্মান সমূহে মোক সমাজৰ বাবে কাম কৰিবলৈ অনুপ্ৰেৰণা দিছে।

অঙ্গনঃ আপুনি পেছাত এগৰাকী শিক্ষয়িত্ৰী। দিনটোৰ গৰিষ্ঠ ভাগ সময় আপুনি ছাত্ৰ ছাত্ৰীৰ মানসিক উত্তৰণৰ হেতু পাঠদানৰ উপৰিও অন্যান্য বিভিন্ন কাম কাজৰ লগত জড়িত হৈ থাকিব লাগে। তেনে স্থলত সাহিত্য চৰ্চাৰ বাবে কিদৰে সময় উলিয়ায়?
বন্দনা দত্তঃ এগৰাকী শিক্ষয়িত্ৰীৰ লগতে এগৰাকী গৃহিণী হোৱাৰ বাবে সময় কিছু কম তথাপি স্বাস্থ্য আৰু মন দুয়োটা ভাল থাকিলে মগজুয়ে মানুহক বহুত কাম কৰিবলৈ সুবিধা দিয়ে বুলি মই ভাৱো। ইচ্ছা যদি থাকে বাট ওলায়। গতিকে মনৰ তাগিদাত ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই লওঁ, যি সময়ৰ বুকুত লিপিবদ্ধ হয় মোৰ মনৰ সৰু সৰু ভাৱ চিন্তাবোৰ।

অঙ্গনঃ আপুনি বৰ্তমান কি কি অনুষ্ঠানৰ লগত জড়িত হৈ আছে? অঙ্গনৰ পাঠকসকলক কিছু আভাস দিলে আমি উপকৃত হ'ম।
বন্দনা দত্তঃ বৰ্তমান মই শিক্ষাৰ লগত জড়িত অনুষ্ঠানসমূহৰ উপৰিও উত্তৰ পূব গোলাঘাট কবি সন্মিলনৰ সম্পাদক, বৰুৱা বামুন গাঁও লেখিকা সংস্থাৰ উপ-সভাপতি, গোলাঘাট জিলা কবি সন্মিলনৰ উপ সভাপতি, গোলাঘাট জিলা সাহিত্য সভাৰ আকাশ' অনুষ্ঠানৰ সদস্যা,কুৰালগুৰি শাখা সাহিত্য সভাৰ আকাশ'অনুষ্ঠানৰ আহ্বায়ক, গোলাঘাট জিলা শিক্ষক-কৰ্মচাৰী পৰিষদৰ কাৰ্যকৰী সদস্য হিচাপে জড়িত হৈ আছোঁ।

অঙ্গনঃ অলপতে অংকুৰণ প্ৰকাশনৰ উদ্যোগত আৰু পষেকীয়া ই আলোচনী অঙ্গনৰ সৌজন্যত আয়োজিত পাণ্ডুলিপি প্ৰতিযোগিতাত আপুনি অণুগল্প শিতানত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। যোৱা ১০ অক্টোবৰত ইতিমধ্যে আপুনি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত বঁটা গ্ৰহণ কৰিছে। এই সম্পৰ্কত আপোনাৰ অনুভৱ সম্পৰ্কে আমাক জনাবচোন।
বন্দনা দত্তঃ যোৱা১০অক্টোবৰ তাৰিখে অংকুৰণ প্ৰকাশন আৰু পষেকীয়া ই আলোচনী অঙ্গনৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।সেই অনুষ্ঠানত এগৰাকী লেখিকা হিচাপে উপস্থিত থাকি সচাকৈ আপ্লুত হলো আৰু নিজকে ধন্য মানিছো। প্ৰকাশনৰ স্বত্বাধিকাৰ হেমেন নাথ প্ৰমূখ্যে সমগ্ৰ পৰিয়ালবৰ্গই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।এনে ধৰনৰ অনুষ্ঠান সমূহে আমাৰ সমাজলৈ বহুতো ইতিবাচক বাৰ্তা কঢ়িয়াই আনে।

অঙ্গনঃ 'পষেকীয়া ই আলোচনী অঙ্গনৰ বৰ্তমান পঢ়ুৱৈৰ সংখ্যা প্ৰায় ৩ লাখ হৈছে। আলোচনীখনৰ পঢ়ুৱৈৰ সংখ্যা বাঢ়িছে যদিও আমি সদায়ে এটা চিন্তাতেই নিমগ্ন হৈছোঁ। সেয়া হৈছে, পাঠকৰ মনোগ্ৰাহী হোৱাকৈ, পাঠকে বিচাৰি ফুৰা সুস্থ মানসিক খাদ্যৰ যোগান আমি ধৰিব পাৰিছোনে? এই ছেগতে, আলোচনীখনে আৰু অধিক পাঠকৰ কাষ চাপি যাবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব এই সম্পৰ্কত আপোনাৰ পৰা কিছু দিহা পৰামৰ্শ বিচাৰিছোঁ।
বন্দনা দত্তঃ পষেকীয়া ই আলোচনী অঙ্গনে বৰ্তমান সময়ত‌‌‌ পঢ়ুৱৈৰ মনৰ চাহিদা পূৰণ কৰিব পাৰিছে বুলি অনুভৱ কৰোঁ। সাহিত্যৰ প্ৰায় প্ৰতিটো দিশেই আলোচনী খনত প্ৰতিফলিত হৈছে। মনোৰঞ্জনৰ লগতে বাস্তৱধৰ্মী লেখা প্ৰকাশ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিলে ভাল হয়। অনাগত দিনবোৰত অঙ্গন'ৰ অধিক উত্তৰণ কামনা কৰিলো। নতুন প্ৰজন্মৰ লেখা প্ৰকাশ কৰাটো আলোচনী খনৰ ইতিবাচক কাম হৈছে।

অঙ্গনঃ শেষত অঙ্গনৰ পঢ়ুৱৈ সকলক কিবা ক'ব নেকি বাইদেউ?
বন্দনা দত্তঃ শেষত অঙ্গন ই আলোচনীৰ তৰফৰ পৰা মোৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যি সুবিধা দিলে তাৰ বাবে হেমেন নাথ ডাঙৰীয়াক ধন্যবাদ আৰু স্নেহসিক্ত কৃতজ্ঞতা জনাইছোঁ।অঙ্গন'ৰ পঢ়ুৱৈ সকলৰ প্ৰতি অনুৰোধ জনালোঁ যে তেওঁলোকে নিয়মীয়াকৈ আলোচনীখন পঢ়ক আৰু ন-পুৰণি লেখকে সুন্দৰ সুন্দৰ লেখনীৰে অঙ্গন'ক অনন্য মাত্ৰা প্ৰদান কৰক।

অঙ্গনঃ আপোনালৈ অশেষ ধন্যবাদ থাকিল বাইদেউ। আপোনাৰ জীৱনৰ বহুমূলীয়া সময় দি আমাৰ পাঠকসকলৰ জ্ঞাতাৰ্থে আমাৰ প্ৰতিটো প্ৰশ্নৰ সুন্দৰ তথা সৰল উত্তৰ প্ৰদানেৰে আপুনি আমাকো কৃতাৰ্থ কৰিলে। এই আপাহতে আপোনালৈ জনালো পুনৰবাৰ আন্তৰিক ধন্যবাদ। আশা ৰাখিছোঁ, অঙ্গনত আপোনাৰ লেখা প্ৰকাশৰ মাধ্যমেৰে আপোনাৰ লিখনিৰ ৰসাস্বাদন কৰিবলৈ আমাৰ পাঠকসকলকো সুবিধা প্ৰদান কৰিব। ভালে থাকক বাইদেউ, আপোনাৰ কলমে এদিন বিশ্ব সাহিত্যৰ ভঁৰাল চহকী কৰক।

সাক্ষাৎ গ্ৰহণ আৰু প্ৰশ্নসমূহ যুগুতালে
অঙ্গন আলোচনীৰ মুখ্য সম্পাদক
হেমেন নাথে।

পৃষ্ঠা ৪৩
শেষ পৃষ্ঠাৰ লেখাঃ

বুৰঞ্জীৰ পাতত সেই কথা

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
6000709096

পাতনিতে কওঁ লেখাটোৰ শিৰোনামটোৰ কথা। প্ৰকৃততে "বুৰঞ্জী"ৰ  ঠাইত মই "অতীত" শব্দটোও ব্যৱহাৰ কৰিব পাৰিলোঁ হেঁতেন। কিন্তু নকৰাৰ এটা কাৰণ আছে। অতীত শব্দটো ব্যৱহাৰ কৰিলে লেখাটোৰ ভিতৰৰ কথা খিনি খাপ নেখাব যেন লাগিল। কাৰণ অতীত বুলিলে হৈ যোৱা ঘটনাক্ৰমৰ কথা কোৱা হয় যদিও কিন্তু বিভিন্ন জনৰ ক্ষেত্ৰত বিভিন্ন সময়ত ঘটনাৰ সুবহু পুনৰাবৃত্তি  ঘটি থাকে। কিন্তু বুৰঞ্জীৰ ঘটনা সুবহু পুনৰাবৃত্তি হোৱাৰ স্থল নাই বা তেনেই কম। গতিকে শিৰোনামৰ প্ৰথম শব্দটো "বুৰঞ্জী" শব্দৰে আৰম্ভ কৰিলোঁ। 
         কথা হ'ল, যি সময়ত আমি পঢ়ি আছিলোঁ বা আমাতকৈ জ্যেষ্ঠ সকলে পঢ়ি আছিল । সেই সময়ৰ তেওঁলোকৰ এটা কথা নিশ্চয় মনত আছে যে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগুৰুক অতি সমীহ কৰি চলিছিল। স্কুলত অনুশাসন মানি চলাৰ উপৰিও স্কুলৰ বাহিৰতো, বাটে-ঘাটে শিক্ষাগুৰুক লগ পালে প্ৰণাম জনোৱা বা চাইকেলৰ পৰা নামি সন্মান দিয়া আদিৰ দৰে সন্মান সূচক কাৰ্য তেতিয়াৰ দিনত অতি সুলভ দৃশ্য আছিল। আনকি বিয়া, সবাহ, অনুষ্ঠান, প্ৰতিষ্ঠানটো শিক্ষাগুৰুক দেখিলে আমাৰ মুখৰ মাত সৰিছিল। শিক্ষাগুৰুৰ উপস্থিতিত আমি প্ৰতিটো কাম  অতি সাৱধানতাৰে কৰিছিলোঁ। যাতে তেওঁলোকৰ চকুত নপৰোঁ। কিন্তু বৰ্তমান এই দৃশ্য বিৰল দৃশ্য। সেই সময়ত অতি কঠোৰ নীতি নিয়মৰ মাজত ছাত্ৰ-ছাত্ৰীক অনুশাসন ৰখা হৈছিল, আৰু শিক্ষাৰ্থীয়ে তাক খুব সহজতে মানিও লৈছিল। শিক্ষাগুৰু সকলে ছাত্ৰ-ছাত্ৰীয়ে অনুশাসন ভঙ্গ কৰিলে বা পাঠদানৰ সময়ত মনোযোগ নিদিলে চেকনিৰে তাৰ প্ৰত্যুত্তৰ দিছিল। "এচাৰিৰ আগত শিক্ষা" বচনেৰে শিক্ষাৰ্থীক শিক্ষা দান কৰিছিল আৰু শিক্ষাৰ্থীৰ লগতে অভিভাবকেও তাক মানি লৈছিল। মোৰ মনত আছে এম ই স্কুলত আমাৰ অংক ছাৰে প্ৰায়ে এডাল এচাৰি লৈ আহিছিল আৰু বৰ্ডত কৰিবলে দিয়া অংক সামাধান কৰিব নোৱাৰিলে ডৰ্জন হিচাপত হাতত কোব দিছিল। কেৱল সেয়ে নহয় হিন্দী ছাৰ, ইংৰাজী ছাৰ মুঠতে দুই এজন শিক্ষাগুৰুক বাদ দি সকলোৰে হাতত এচাৰি আছিল। এই প্ৰক্ৰিয়াটো কেৱল এম ই স্কুলতহে আছিল তেনে নহয়। হাইস্কুল আনকি হায়াৰচেকণ্ডৰীটো দুই এজনৰ হাতত এচাৰি লাগি আহিছিল। কিন্তু বৰ্তমানৰ ছবিখন এখন সুকীয়া ছবি। বৰ্তমানে শিক্ষাগুৰু সকলে এচাৰিৰ প্ৰয়োগ কৰিলে এচাম অভিভাৱকে গুৰুক অপমানিত কৰে। যাৰ ফলত স্কুল কলেজত অনুশাসন ভঙ্গৰ দৰে কাৰ্য সঘনে সংঘটিত হয়। যিটো এটা গুৰুত্বপূৰ্ণ বিষয়‌।
      সদ্য ঘটিত তিনিচুকীয়াৰ ফিল'বাৰীৰ চিনিয়ৰ হায়াৰচেকণ্ডৰী স্কুলৰ ঘটনা অনুশাসনহীনতাৰে কাৰ্যকলাপ বুলি ক'লেও  বঢ়াই কোৱা নহ'ব। যি মোকেই নহয় বহুজন লোকক ইতিমধ্যে জোকাৰি গৈছে। শিক্ষাগুৰুৰ এনে অপমান অসহ্যকৰ। হয় কিছু কিছু ক্ষণত ছাত্ৰ আৰু গুৰুৰ মাজত মনোমালিন্য ঘটে, ঘটাটো স্বাভাৱিক। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে শিক্ষাগুৰুৱে শিক্ষাৰ্থীৰ ওচৰত ক্ষমা খুজিব। ব্যক্তিগত খণ্ডৰ স্কুল কলেজৰ মাচুল বৃদ্ধি বিষয়টোৱে বহুবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। কিন্তু এনে কাৰ্যৰ বাবে শিক্ষাগুৰুৱে সাষ্টাঙ্গে সেৱা জনাই ক্ষমা খোজাৰ দৰে নাভূত-নাচুত কাৰ্য সংঘটিত হোৱা ঘটনাটো শিক্ষক সমাজৰ বাবে অতি পৰিতাপৰ বিষয়। যিহেতু শিক্ষাগুৰুক আদি গুৰু পিতৃ-মাতৃৰ পিছতে স্থান দিয়া হয়। তেন্তে শিক্ষয়িত্ৰী গৰাকীক এনে দৰে অপমান কৰি তেওঁলোকে কি নিদৰ্শন দাঙি ধৰিলে ?
           সকলো সমস্যাৰে সামাধানৰ পথ আছে। তিনিচুকীয়াৰ ঘটনাৰো সামাধানৰ পথ নিশ্চয়কৈ আছিল। ছাত্ৰ সংগঠন আচুৱে বিষয়টোৰ ওপৰত আলোচনা কৰি মাননীয় শিক্ষা মন্ত্ৰী দেৱলৈ ঘটনাৰ সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰি ইয়াৰ সামাধানৰ পথ বিচাৰিব নিশ্চয়কৈ পাৰিলে হেঁতেন। তাকে নকৰি যি কাৰ্য সংঘটিত কৰিলে সি অতি নিন্দনীয়। লগতে বাতৰিত প্ৰকাশনোসৰি অশালীন শব্দৰ প্ৰয়োগৰ কথাটোৱে অতিকৈ মৰ্মাহত কৰিছে। এই ক্ষেত্ৰত আমাৰ সামাজিক মাধ্যম সমূহেও কিছু দায়িত্ব পালন কৰা ভাল।  তেওঁলোকৰো সমাজখনৰ প্ৰতি, সমাজৰ প্ৰতিজন নাগৰিকৰ প্ৰতি কিছু দায়িত্ব আছে। সুদূৰ ভৱিষ্যতে কথাবোৰ বিশ্লেষণ কৰি প্ৰতিজন নাগৰিকৰ আত্মসন্মানৰ প্ৰতি লক্ষ্য ৰাখিহে কাৰ্য কৰিব বুলি আশা ৰাখিলোঁ। 
          ভৱিষ্যতে যাতে অসমত এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে শিক্ষা ব্যৱস্থাৰ লগতে ছাত্ৰসমাজ তথা অভিভাৱক সকললৈ অঙ্গন আলোচনীৰ এই শেষ পৃষ্ঠাৰ লেখাৰ জৰিয়তে বিনম্ৰ ভাৱে অনুৰোধ জনালোঁ।

পৃষ্ঠা ৪৪


Post a Comment

0 Comments