অণুগল্পঃ প্ৰতিযোগী ১৭

 


অম্বা

আগৰ তিনিবাৰ ডাক্তৰ জনে প্ৰেচক্ৰিপচনখনৰ তলৰ ফালে অস্পষ্টকৈ লিখি দিছিল -- "এক্স - এক্স"। বিনিময়ত ডাক্তৰজনৰ মানি বেগটোৰ ওজন বাঢ়িছিল আৰু তাইৰ তলপেটটোৰ ওজন কমিছিল।
এইবাৰ আল্ট্ৰাচাউণ্ড কক্ষত তাইক পৰীক্ষা কৰাৰ সময়ত কঁকালত খুচি লৈ যোৱা আগজোঙা চোকা অস্ত্ৰপাত ডাক্তৰজনক দেখুৱাই দিলে তাই। সেপ ঢুকি ডাক্তৰজন কোনোমতে আনটো কোঠাত অস্থিৰতাৰে ৰৈ থকা মানুহজনৰ ওচৰলৈ আহি প্ৰেচক্ৰিপচনখনৰ তলৰ ফালে লিখি দিলে --"এক্স - ৱাই"।
স্ফীত উদৰত হাতখন বুলাই তাই ভাবিলে -- "এইবাৰ আৰু তলপেটৰ ওজনখিনি নকমে!"

জয়শ্ৰী কলিতা
মঙ্গলদৈ, ফোন নংঃ 7002559974

Post a Comment

0 Comments