অঙ্গন ২২ নং সংখ্যা

বেটুপাতঃ ১





পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
২৫ এপ্ৰিল ২০২১
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

---------------------

বিশেষ ঘোষণা

           অঙ্গনৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি অঙ্গনৰ সম্পাদনা সমিতিয়ে "অঙ্গন"ৰ এটি বিশেষ সংখ্যা প্ৰিণ্ট কৰাৰ সিদ্ধান্ত লৈছে। সেয়ে এই বিশেষ সংখ্যালৈ লেখা পঠিয়াবলে ইচ্ছা কৰা লেখক/লেখিকা সকলক একেই ঠিকনাত তেওঁলোকৰ লেখা সমূহ আগন্তুক ১৫ মে'ৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালো। 
          লেখক/লেখিকা সকলে লেখাৰ ওপৰত অঙ্গনৰ বিশেষ সংখ্যালৈ বুলি লিখি পঠিয়াবলে নেপাহৰে যেন।


পৃষ্ঠাঃ ৩

এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
কভিড আক্ৰান্ত পৃথিৱীখন আৰু এজাক শিশু


২/ প্ৰৱন্ধ:
ক/ কোচৰাজবংশী জনগোষ্ঠীয়ে পালন কৰা বসন্তকালীন উৎসৱ: বিষুৱা বা বেষমা (অজয় বৰুৱা)
খ/ নৱ-প্ৰজন্মৰ স্মার্টফোন, ইন্টাৰনেটৰ প্ৰতি  আসক্তি (চিন্ময় ডেকা)
গ/ বিহু, সংস্কৃতিৰ ধাৰক আৰু বাহক হওক নাৰী ( বন্দিতা শৰ্মা কন্দলি)
ঘ/ ৰোমন্থনঃ চড়ক পূজা ( শমীষ্ঠা বৰ্মন)


৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ ধুমুহাই ভঙা সপোন (দুৰ্গেশ্বৰ শইকীয়া)
খ/ অভিশ্ৰুতি (চয়নিকা বৰুৱা)
গ/ এই বাটেদি ৰাধা যমুনালৈ যায় ( শিৱানী বৰা)

৪/ অণুগল্পঃ
ক/ মৃত্যুৰ সুখ ( হেমা চৌধুৰী গগৈ)
খ/ পৰিবৰ্তন (দীপাঞ্জলী তালুকদাৰ)
গ/ মেডিয়া মেনিয়া (অংশুমান ভূঞা)
ঘ/ হুঁচৰি ( ৰিম্পী গগৈ)

৫/ কথাগল্পঃ
ক/  এই বান্ধোন কাৰ বাবে ( মিনাক্ষী গগৈ)

৬/ অনুবাদ কবিতাঃ
ক/ জুইফুলা বসন্ত 
(মূল: The Enkindled Spring by DH Lawrence  অনুবাদঃ প্ৰাণকৃষ্ণ গোস্বামী )
খ/ উপলব্ধি
(মূল হিন্দী :"একএহসাস" গুলজাৰ  
অসমীয়া : জয়ন্তীমালা বৰপূজাৰী)

৭/কবিতাঃ
ক/ লঠঙা গছত সেউজীয়া ওৰণি টানি...(ৰীতা বৰুৱা)
খ/ সময় (মীনাক্ষি ৰায় ডাকুৱা)
গ/ কপৌফুল বোৰ মৰহি যোৱাৰ আশংকাত (দুষ্যন্ত এম বৰুৱা)
ঘ/ আলফুল হেঁপাহ (বাসন্তী ফুকন)
ঙ/ বুজাওঁ কেনেকৈ ( পৰিস্মীতা পৰাশৰ)
চ/ অমানিশা ( আমিৰ ছোহেল)
ছ/ এজাক ধুমুহা ( ৰূপজ্যোতি হাজৰিকা দত্ত)
জ/ বেদনাৰ শব্দ ( জিমিৰেখা শৰ্মা)
ঝ/ পাত ( লক্ষী প্ৰসাদ ৰেগন)
ঞ/ ব'হাগ ( বিজু বৰঠাকুৰ)
ট/ ব'হাগ ( প্ৰণামী দেবী)
ঠ/ বাখৰুৱা কবিতা ( মনচুমী কলিতা নাথ)
ড/ সৰাপাতৰ উচুপনি ( অসমা তুংখুঙীয়া)
ঢ/ কপৌফুলীয়া দুপাহি কবিতা (মাধুৰী  কলিতা চৌধুৰী)
ণ/ ব'হাগ (ঝৰ্নালী শৰ্মা বৰকটকী)
ত/ পিতাই ( দৃষ্টিৰূপা বৰদলৈ)

৮/অনুভৱঃ   
ক/ এজোপা গছ , এখন নদী , এখন হৃদয় আৰু কিছু খণ্ড চিত্র (অনু দত্ত)
খ/ বসন্তৰ ৰংঃ আমি আৰু কিছু অনুভৱ
(ৰীপা দোলাকাষৰীয়া)

৯/ ভ্ৰমণ কাহিনীঃ মোৰ ভ্ৰমণ ডায়েৰী ১৩ (শৰ্মীষ্ঠা বৰ্মন)

১০/ নীলা খামৰ চিঠিঃ 
পৰিণীতা কলিতা

১১/ গল্পঃ
ক/ ভালপোৱাঃ এটা সেউজীয়া গান ( আদৃতা শিৱম)
খ/ অতৰ্ক ( ৰিণ্টু টায়ে)      

১২/ কবিতাঃ 
ক/ সৌন্দৰ্য ( স্বপ্নম জ্যোতি কলিতা)
খ/ বসন্তোৎসৱৰূপী তুমি ব'হাগ ( মধুস্মিতা ফুকন)

১৩/ শেষ পৃষ্ঠাৰ লেখাঃ পৰিবৰ্তনৰ ধামমুখীয়াত ৰঙালী বিহু (মঞ্জিত হাজৰিকা)

১৪/ গ্ৰন্থ বিশেষঃ " জীৱনৰ বোৱতী নৈ" চন্দন শৰ্মা

১৫/ আৰ্ট গেলাৰীঃ স্নেহা বক্সী


পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  চিন্ময়ী দাস, নহিৰা , কামৰূপ
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সমহিতা পূজাৰী, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।


পৃষ্ঠা ৫
সম্পাদকীয়ঃ

কভিড আক্ৰান্ত পৃথিৱীখন আৰু এজাক শিশু

এয়া বিহুৰ বতৰ। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ বতৰ। বিহু বুলিলেই অসমীয়া ডেকা গাভৰুৰ মন ৰাইজাই কৰে। পিছে বিগত বৰ্ষত যিদৰে কভিড ১৯ মহামাৰীৰ বাবে আমি বিহু পাতিব নোৱাৰিলো এইবাৰো প্ৰায় একেই পৰিস্থিতয়ে আমাক সকলোকে ভবাই তুলিছে। ইতিমধ্যে বিধান সভা নিৰ্বাচন অসমত অনুষ্ঠিত হৈ গৈছে। এই নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী সমূহো সুন্দৰকৈ অনুষ্ঠিত হৈ গৈছে। হাজাৰ হাজাৰ লোকে কভিড প্ৰটকলক বৃদ্ধাংগুষ্ঠ দেখুৱাই এনে সভা সমিতিবোৰত অংশ লোৱা আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। নিৰ্বাচনৰ পিছতে বিহু আহিল, লগতে কভিডো আহিল। গতিকে ইতিমধ্যে চৰকাৰে বিহু সমিতিসমূহৰ লগতে জনসাধাৰণৰ সুৰক্ষাৰ বাবে বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে।

প্ৰকৃততে কভিড ১৯ তেতিয়াও আছিল আৰু এতিয়াও আছে। গতিকে আমি সাৱধান হোৱা অতিকৈ আৱশ্যক। কভিড প্ৰটকল সম্পৰ্কে যিবোৰ কথা ইতিমধ্যে সংবাদ মাধ্যম যোগে প্ৰচাৰ হৈ আছে সেইবোৰ আমি মানি চলিবই লাগিব। ইতিমধ্যে ৰাজ্যখনৰ ৮ খন জিলাত চৰকাৰে প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে। একেদৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ হয়তো সমগ্ৰ অসমতেই পুনৰবাৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিব লগীয়া হ'ব পাৰে।

এনেদৰে বছৰৰ পিছত বছৰ যদি বিদ্যালয়সমূহ বন্ধ হৈ থাকে তেনেহলে নিশ্চিতঃকৈ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিব। আনহাতে বিগত বৰ্ষত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে অনলাইনযোগে পাঠগ্ৰহণ কৰিবলৈ গৈ যি এক ভয়ংকৰ ক্ষতিকৰ অভ্যাস গঢ় দিছে ইও সমগ্ৰ মানৱজাতিৰ বাবেই চিন্তনীয়। এই সম্পৰ্কে বিভিন্ন কাকত আলোচনীত ইতিমধ্যে চৰ্চা হৈছে। ছাত্ৰ ছাত্ৰী সকলক অনলাইন যোগে পাঠদান কৰা আৰু বিদ্যালয়ত পাঠদান কৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। সাম্প্ৰতিক জটিল পৰিস্থিতৰ সৈতে মোকাবিলা কৰিবলৈ গৈ যিসকল অভিভাৱকে ছাত্ৰ-ছাত্ৰীসকলৰ হাতত একো একোটা স্মাৰ্টফোন তুলি দিছে তেওঁলোকে হয়তো এবাৰলৈও ভাবিবলৈ আহৰি পোৱা নাই যে এইটো বয়সত স্মাৰ্টফোনটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ কিমান ক্ষতি কৰিব পাৰে।

গতিকে চৰকাৰৰ লগতে অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলোলৈকে আমাৰ অনুৰোধ-- মহামাৰী কভিড ১৯ ৰ এই সংকটত আমি ইতিমধ্যে নিঃসহায় হৈ পৰিছো। এই অসহায় অৱস্থাৰ অচিলা লৈ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক আমি জানি বুজি এটা অন্ধকাৰ দিশে ঠেলি দিয়াৰ পৰা বিৰত থাকোঁ আহক। মানুহৰ চিন্তাই আজি আকাশ চুইছে, গতিকে অনলাইন পদ্ধতিৰ পৰিৱৰ্তে অন্য হাজাৰটা এনে উপায় থাকিব পাৰে যি ছাত্ৰ-ছাত্ৰীসকলক এই গভীৰ সংকটৰ পৰা উদ্ধাৰ কৰিব।

হেমেন নাথ
সম্পাদক, অঙ্গন


পৃষ্ঠা ৬
প্ৰৱন্ধঃ

কোচৰাজবংশী জনগোষ্ঠীয়ে পালন কৰা বসন্তকালীন উৎসৱ: বিষুৱা বা বেষমা

অজয় বৰুৱা, দৰং
9707730427

      শস্যশ্যামলা চিৰসেউজ অসমত যুগ যুগ ধৰি প্রব্ৰজন ঘটা জনগোষ্ঠীসমূহৰ ভাব-ভংগী, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, আদান-প্রদানৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে অসমৰ বৰ্ণাঢ্য অসমীয়া কৃষ্টি-সংস্কৃতিৰ। আজিৰ অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্রতিটো বৈশিষ্ট্য কোনোবা নহয় কোনোবা খিলঞ্জীয়া গোষ্ঠীৰ দান। সেয়ে অসমীয়া কৃষ্টি-সংস্কৃতিৰ সিৰাই-উপসিৰাই প্ৰবাহিত হৈ আছে পাহাৰ-ভৈয়ামৰ একাকাৰ কৰি সমন্বয়ৰ সেতু বন্ধা বিচিত্ৰ জনগোষ্ঠী-সমূহৰ উমৈহতীয়া স্বপ্ন। বিভিন্ন ঋতুৰ সৈতে সংগতি ৰাখি অসমৰ প্রতিটো জনগোষ্ঠীয়ে পালন কৰি আহিছে উৎসৱ -অনুষ্ঠান। ঋতুকালীন উৎসৱ সমূহ সাধাৰণতে কৃষিৰ সৈতে জড়িত। বসন্ত কালত পালন কৰা 'বিষু','বিহু ', 'বৈচাগু বা বিহু','খচকি','বৈশাক বিচু', 'প‌ই-চাংকেন' যিয়েই নহওক অসমৰ জনগোষ্ঠী সমূহে স্বকীয় বৈশিষ্টৰে পালন কৰা আনন্দোৎসৱবিলাকৰ লগত কৃষি -সঁজুলি, গৰু-ম'হ, নাঙল, পথাৰ-লখিমী, বীজ সিঁচা আদি কাৰ্যৰ সম্বন্ধ অতি গভীৰ। 
       ৰঙালী বা ব'হাগ বিহু অসমৰ এটা সমন্বয়ৰ সংস্কৃতি। এই মিলন সংস্কৃতি অসমৰ নানান জাতি গোষ্ঠীৰ লগতে উত্তৰ বঙ্গৰ লগতে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ মানুহসকলে বিষুৱা বা বেষমা উৎসৱ হিচাপে পালন কৰি আহিছে। ই ৰাজবংশী সকলৰ জাতীয় উৎসৱ। বিষুৱা বা বেষমা সাধাৰণতে চ'ত সংক্রান্তিৰ পৰা ব'হাগ মাহৰ ছয় তাৰিখলৈ মুঠ সাতদিন কোচ-ৰাজবংশী জনগোষ্ঠীৰ লগতে আন আন জাতি -গোষ্ঠীৰ মানুহে এই অঞ্চলত স্বকীয় পৰম্পৰাৰে পালন কৰি আহিছে। কৃষিজীৱী ৰাজবংশী লোক সকলে "বেষমা" উৎসৱটো সাতদিন ধৰি বেলেগ বেলেগ নামাকৰণেৰে পালন কৰি আহিছে। যেন গৰু বেষমা, মানুহ বেষমা, গোষ্ঠী বেষমা, সাতসাকী বেষমা, বাও/ বাহো বেষমা, চিকাৰ বেষমা আৰু দেও বেষমা।
 "গৰু বেষমা"
চ'ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বেষমা বুলি ৰাজবংশী লোকসকলে পালন কৰে। মুখ হাত নোধোৱাকৈয়ে আগদিনাই আনি থোৱা বেতৰ পাত, বিষকুটলিৰ পাত(বিহলঙনি),কাতুৰিৰ ফুল, দীঘলতিৰ পাত, কানসিচাৰ পাত(দ্রোণ),বিষঢেঁকীয়া, ভেটমালিৰ পাত আৰু ফুল একলগ কৰি প্রত্যকটো ঘৰৰ মাৰলত পদূলিত, নঙলামুখত, তাঁতশালত গুজি দিয়া হয়। ইয়াৰ উপৰিও উক্ত দিনা ৰাতিপুৱাই ঘৰৰ মতা মানুহবোৰে নিজৰ গৰু, মহবোৰক নদী, পুখুৰী  আদিত গা ধুৱাই তেল আদি ঘঁহাই লাউ, বেঙেনা, আদিৰ মালা গাঁঠি সিঁহতৰ ডিঙিত আৰি দিয়ে। 
"
লাউ খা বাইগন খা
বছৰে বছৰে বাঢ়িয়ি যা
বাপ বৰো  মাৱ বৰো
তুই হ‌ইছ মোটা তাকো। "

গধুলি নতুন পঘাৰে বান্ধি ধূপ-ধূণা দি গোহালিত বান্ধে। 

"শাক তুলুং ম‌ই এচিয়া বেচিয়া 
খুৰিয়া আৰ বতুৱা
সেই শাক খায়া যাইবে 
মোৰ পতি ধন আসিয়া।"
চ'ত সংক্ৰান্তিৰ দিনাখন ৰাজবংশী লোকসকলে সাত-শাকী খোৱাৰ নিয়ম আছে। উক্ত দিনা মহিলা সকলে এনেদৰে গীত গাই আনন্দ স্ফূৰ্তি কৰি সাত ধৰণৰ সাক যেনে কুলাচাকি (মাটিপিচা), ঢেঁকীয়া, বেতৰ গাজ, জমা, তিনপতীয়া, নিমপাত, পুণ্ডীৰ গাজ, দেৱীটোকন,ডিংডিঙাৰ আগ, আমৰ মল আদি তুলি আনে। ইয়াৰ উপৰিও ব'হাগ মাহৰ প্রথম প্রথম দিনৰ পৰাই গোটেই মাহ তেওঁলোকে তুলসী গছৰ গুৰিত "ঝৰা" বান্ধে। ঝৰা অর্থাৎ পানী দি তুলসী গছজোপা সতেজ কৰি ৰাখে। এনে কৰিলে তুলসী দেৱী  সন্তুষ্ট হয়। কিছুমানে গোটেই মাহটো নিৰামিষ আহাৰ গ্ৰহণ কৰি  শেষৰ দিনা পূজা পাতল কৰি ব্রত ভংগ কৰে।       "মানুহ বেষমা"
ব'হাগৰ প্রথম দিনটো মানুহ বেষমা। এই দিনটোত গুৰু-বয়োজেষ্ঠ সকলক সেৱা -সৎকাৰ কৰি আশীৰ্বাদ লোৱাৰ নিয়ম ৰাজবংশী লোকসকলৰ  আছে। লগতে ভাত, দৈ-চিৰা আদি খুৱাই সন্মান প্ৰদৰ্শন কৰে। 
 "গুষ্ঠি বেষমা"
ব'হাগৰ দ্বিতীয়া দিনটোক গুষ্ঠি বেষমা হিচাপে পালন কৰা হয় উক্ত  দিনা আত্মীয় স্বজনক, বন্ধু-বান্ধৱক, আপোন মানুহবোৰক ঘৰলৈ মাতি সাধ্যনুসাৰে এসাজ খুৱাই। 
"সাতশাকী বেষমা"
ব'হাগৰ তৃতীয় দিনটো হ'ল সাতশাকী বেষমা। এইদিনটোত সাত প্ৰকাৰৰ শাক খোৱাৰ নিয়ম যদিও কিছুমানে চ'ত সংক্ৰান্তিতে এই নিয়ম পালন কৰে। উক্ত দিনা গৃহিনী বা মহিলা সকলে গাঞ্জাৰ ডাল,  সুলটি গছ আৰু নিমৰ ডাল মুঠি কৰি এটা পাত্রত পানীলৈ ঘৰ-দুৱাৰ, কাপোৰ কানি আদিত ছটিয়াই দিয়াৰ নিয়ম আছে। দুপৰীয়া আহাৰৰ লগত তিতা অর্থাৎ নিমপাত, বিস্তিৰ ফল আদি ভাজি খায়। উক্ত দিনা ৰাতিপুৱাই কেচাগাখীৰ খোৱাৰো নিয়ম আছে। জনবিশ্বাস মতে এনে কৰিলে গোটেই বছৰ সর্প ভয়ৰ পৰা মুক্ত। এই দিনটোতে কৃষক সকলে খেতিপথাৰলৈ গৈ তাত থকা অগাছা বা ঘাঁহ আদি উঠাই দিয়াৰ নিয়মো আছে। ইয়াক "বিষ" ঘাঁহ মৰা বুলি কোৱা  হয়। 
"বাও বেষমা"
 ব'হাগৰ চতুৰ্থ দিনটো বাও বেষমা। এই দিনটোত চাক, ঝোকা আদি লৈ সকলোৱে মাছ ধৰিবলৈ নদীলৈ যোৱাৰ নিয়ম। উক্ত দিনা ৰাতিপুৱাই নিদিষ্ট ব্যক্তি এজনে মহৰ শিঙৰ পেঁপা বজাই দি কোনফালে নদীত বাও হ'ব জনাই দিয়ে। সময় পৰিবেশৰ বাবে এই পৰম্পৰা বৰ্তমান প্ৰায় বিলুপ্ত। 
"চিকাৰ বেষমা"
ব'হাৰ পঞ্চম দিনটোত চিকাৰ বেষমা হিচাপে পালন কৰা হয়। এই দিনটোত গাঁৱৰ সকলো একগোট হৈ চিকাৰৰ সঁজুলি লৈ জংগলত চিকাৰ কৰিব যায়। আৰু বিভিন্ন জীৱ-জন্তু, চৰাই বধ কৰি ভোজ ভাত খায়। বৰ্তমান এই নিয়ম উঠি গৈছে। কিয়নো এনেদৰে জীৱজন্তু চিকাৰ কৰাটো এক অপৰাধ এতিয়া। 
"দেও বেষমা"
ব'হাগৰ ষষ্ঠ দিনটো হ'ল দেও বেষমা। এই দিনটোত দেৱ-দেৱীক পূজা -অর্চনা কৰি গাঁৱৰ বয়োজ্যেষ্ঠ সকলক মাতি এসাজ খোৱাৰ নিয়ম আছে। সন্ধিয়ালৈ নাম-প্রসংগ কৰি আশীৰ্বাদ লৈ সাত বেষমা পালন কৰা হয়। 
সাত বেষমা পালনেৰে ৰাজবংশী লোকসকলে আশা কৰে সমাজৰ পৰা হিংসা, দ্বেষ,  সাম্প্ৰদায়িকতা নোহোৱা হ‌ওক, আঁতৰ হ‌ওক।
 

পৃষ্ঠা ৭
প্ৰৱন্ধঃ

নৱ-প্ৰজন্মৰ স্মার্টফোন, ইন্টাৰনেটৰ প্ৰতি  আসক্তি

বৰ্তমান সময়ত স্মার্ট ফোন আৰু ইন্টাৰনেট দ্ৰুত গতিত জনপ্ৰিয়তা অৰ্জন কৰিছে । স্মার্টফোন অবিহনে এটি জীৱন অচল হৈ পৰিছে এই পৃথিৱীত। ন ন প্ৰযুক্তিৰ উদ্ভাৱনে কোঙা কৰি পেলাইছে মানৱীয় জীৱন। বৰ্তমান যুগত কণ-কণ ল’ৰা-ছোৱালীৰ বাবে টিভি, কম্পিউটাৰ, মোবাইল, ভিডিঅ’ গেম আদি একো একোটা যেন খেলৰ সামগ্ৰীৰ দৰে হৈ পৰিছে। মাটি-পানী নগছকি ঘৰৰ চাৰি বেৰৰ মাজত আবদ্ধ থাকি পংগুৰ দৰে দাসত্ব জীৱন অতিবাহিত কৰিছে। পুৰণি দিনৰ সেই এজনৰ আনজনৰ প্ৰতি থকা দায়ৱদ্ধতা, মানৱীয়তা, আদি পুতলা খেলাৰ দৰে আজিকালিৰ শিশুৰ নৈতিক মূল্যবোধ ক্ৰমশঃ লোপ পাবলৈ ধৰিছে। আমি সাধাৰণতে কথাবোৰ গভীৰভাৱে উপলব্ধি কৰাৰ সলনি নিজৰ ল’ৰা ছোৱালীক 
বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত অগ্রসৰ হ'বলৈ পঠিয়াওঁ। কিন্তু অভিভাৱকৰ এনে সিদ্ধান্তই নৱ-প্রজন্মৰ দ্ৰুত দৈহিক বিকাশত বাধাগ্ৰস্ততাই বাট ভেটি ধৰে। আন এক প্ৰসংগত বেছি সংখ্যক অভিভাৱকে পৰীক্ষাৰ সময়তহে নিজৰ ল’ৰা-ছোৱালীৰ প্ৰতি বেছি অনুশাসনত ৰখা পৰিলক্ষিত হয়। সৰ্ব-সাধাৰণতে মাক-দেউতাকে এনেই ব্যস্ত হৈ পৰা দেখা নাযায়। আৰু আনে ভাল নম্বৰ পোৱা জনৰ লগত তুলনা কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়। প্ৰায়েই আমি নিজকে এবাৰলৈও নোসোধো যে একে ধৰণৰ পাঠদান গ্ৰহণ কৰাৰ পাছতো একেটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নম্বৰৰ ব্যৱধানৰ কাৰণ কি ? সকলোৰে মাথোঁ এটাই চিন্তা যে কেনেকৈ নিজৰ ল’ৰা-ছোৱালী কেইটি শ্রেণী কোঠাৰ সকলোতকে পঢ়াত পিছ পেলাই আগবাঢ়ি যাব পাৰে । আজিকালি পৰীক্ষাবোৰৰ অৰ্থই হ’ল কম নম্বৰ পোৱা মানে বেয়া ছাত্ৰ আৰু বেছি নম্বৰ পোৱা মানে ভাল ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীবিভাজন কৰা । কিন্তু দেখা যায় যে এটা শ্ৰেণী কোঠাৰ সকলো ল’ৰা-ছোৱালীক একে সময়তে একেই শিক্ষা দিয়াৰ পাছতো কিছুমানে ভাল নম্বৰ পায় আৰু কিছুমানে কমকৈ পায় ! এই ক্ষেত্ৰত অভিভাৱক সতৰ্ক নহ'লে বিপদ হোৱাটো অনিবার্য। আমি ল'ৰা-ছোৱালীক স্কুল-কলেজলৈ পঠিয়ালেই নহ'ব ইয়াক সমানে গুৰুত্ব, দায়িত্ব, কৰ্তব্য আৰু অনুশাসনোতো ৰাখিব লাগিব। তেতিয়াহে সৰ্বাংগীন বিকাশ সম্ভৱ।
               বৰ্তমান সময়ত পঢ়া শুনা বা অন্যান্য ক্ষেত্ৰত সহায়ক হোৱাৰ নামত মাক-দেউতাকে নিজৰ ল'ৰা বা ছোৱালী জনীক ভাল দামী মোবাইল বা কম্পিউটাৰ কিনি দি  ইন্টাৰনেটৰ বিস্ময়কৰ জগতখনিত উটি-ভাঁহি ফুৰিবলৈ দিয়াহে দেখা গৈছে। এই ক্ষেত্ৰত নিজক ধ্বংস কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই ক্ষেত্ৰত অভিভাৱক সকল সাৱধান হোৱাতো নিতান্তই প্রয়োজন হৈ পৰিছে ৷ ইন্টাৰনেটত ল’ৰা-ছোৱালীয়ে কি ‘ছাইট’ খুলিছে এই বিষয়ে অভিভাৱকসকলে জনাটো অতি দৰকাৰী । পঢ়াশুনাৰ নামত যাতে ইন্টাৰনেটত ভুলে শুদ্ধই নানা ‘ছাইট’ খুলি ল’ৰা-ছোৱালীকেইটি বিপথে পৰিচালিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো প্ৰত্যেক মাক দেউতাকৰে প্ৰধান কৰ্তব্য হোৱা উচিত । মুঠতে ল’ৰা-ছোৱালীক এনেধৰণৰ অত্যাধুনিক সামগ্ৰীসমূহ দিলেই নহ’ব, এনেবোৰ সামগ্ৰীৰ উচিত ব্যৱহাৰৰ মূল্যবোধ জনাটো অতি দৰকাৰী বিষয় ৷ ইয়াৰ লগতে কুমলীয়া ছাত্ৰ-ছাত্ৰীসকলক অনবৰতে আনৰ সৈতে তুলনা নকৰি ঘৰখনত পঢ়া-শুনাৰ বাবে এটা সুস্থ আৰু ভাল পৰিবেশ গঢ়ি তোলাতো অত্যন্ত জৰুৰী। সদায় সামগ্রীক ভাবে ইতিবাচক সঁহাৰি প্ৰদান কৰিব লাগে অন্যথা সমাজৰ অনৈতিক কার্য-কুশলতাৰ পিনে অগ্ৰসৰ হোৱাটো অস্বাভাৱিক।

চিন্ময় ডেকা
পঞ্চম ষান্মাসিক ছাত্ৰ (শিক্ষা বিভাগ) 
টংলা মহাবিদ্যালয়।
৬০০২৬৬৬৫৯৩


পৃষ্ঠা ৮

বিহু, সংস্কৃতিৰ ধাৰক আৰু বাহক হওক নাৰী 

''বহাগ মাথো এটি ঋতু নহয় 
নহয় বহাগ এটি মাহ 
অসমীয়া জাতিৰ ই আয়ুস ৰেখা 
গণ জীৱনৰ সাহ ।''
               ডঃ ভূপেন হাজৰিকা 

অসম তথা অসমীয়া জাতীয় জীৱনৰ বাপতি-সাহোন বিহু হ'ল ক্ৰমবিকাশ, সমন্বয় আৰু সু -সংস্কৃত সমাজ গঠনৰ প্ৰতীক । অসমীয়া লোক জীৱনৰ অন্যতম পৰিচয় হৈছে বিহু । বিহু বুলিলেই অসম আৰু অসমীয়া বুলিলে বিহু নাচ, বিহু নাম, বিহু উৎসৱ আৰু বিহু উৎসৱৰ লগত সংপৃক্ত হৈ থকা পৰম্পৰাগত সাজ পোছাক, খাদ্য সম্ভাৰ আদিক প্ৰতিফলিত কৰে ।
বসন্ত ঋতুৰ আগমনত প্ৰকৃতিয়ে পুৰণা ৰূপ সলাই নতুন ৰূপেৰে মানৱ জাতিক আপোনভোলা কৰি তোলে । চৌদিশে উলাহৰ ঢৌ, নতুন আশা নতুন সপোনৰ উচপিচনি । প্ৰাক মৌচুমীৰ বৃষ্টিয়ে পূৰ্ণ যৌৱনা কৰি তোলা প্ৰকৃতিয়ে মানুহৰ মনতো দুৰন্ত প্ৰেমৰ বীজ সিঁচি দিয়ে । প্ৰকৃতিক শস্য শ্যামলা কৰি তুলিবলৈ কৃষকে পায় নতুন উচাহ উদ্দীপনা । সেয়ে বিহু কৃষি প্ৰধান উৎসৱ আৰু এই উৎসৱেই মানুহক প্ৰকৃতিৰ লগত থকা নিবিড় সম্পৰ্কক সোঁৱৰাই দিয়ে । প্ৰেম, যৌৱন আৰু সৃষ্টিৰ উৎসৱেই হৈছে ৰঙালী বিহু । প্ৰকৃতি আৰু মানুহৰ এই উৎসৱ বিহুৰ আধাৰ হৈছে মানৱীয় প্ৰমূল্য, শ্ৰম, সমতা, সদ্ভাৱনা আৰু প্ৰেম ।
               বৰ্তমানৰ এই বিহু প্ৰকৃতি, শ্ৰম, কৃষক বা কৃষিজীৱী ৰাইজৰ মাজত সীমাবদ্ধ নহয়।অত্যাধুনিক আড়ম্বৰৰ মাজত বিহুৰ অন্তৰ্নিহিত আদৰ্শ আৰু পৰম্পৰা নিঃচিহ্ন হৈ যোৱাৰ উপক্ৰম হৈছে । অসমীয়া জাতিৰ আয়ুস ৰেখাডাল অক্ষুণ্ণ ৰাখিবলৈ নাৰী সকলৰ গভীৰ অন্তদৃষ্টি আৰু সামাজিক দায়বদ্ধতা সম্পৰ্কে সচেতনতাৰ প্ৰয়োজন আহি পৰিছে ।জনজীৱনৰ কল্যাণৰ বাবেই লোকসংস্কৃতিৰ তাৎপৰ্য অক্ষুণ্ণ ৰখা দৰকাৰ । বিহুৰ মাজত প্ৰেম, জীৱন যৌৱন আছে যদিও যৌনতাসৰ্বস্ব নহয় ।বিহুৰ মাজত আছে নিষ্ঠা, সমতা, বিশ্বাস, শ্ৰদ্ধা -ভক্তি - প্ৰেমৰ এক সুসংহত সমাহাৰ । বিহুৰ মাজতেই আছে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ অস্ত্ৰ, প্ৰকৃতিৰ লগত আত্মীয়তা, সমাজৰ প্ৰতি দায়বদ্ধতা আৰু শ্ৰম কৰাৰ প্ৰেৰণা । বিহু এনে এক উৎসৱ যিয়ে কেইবাটাও প্ৰজন্মক একত্ৰিত কৰি ৰখাত সহায় কৰে । বৰ্তমান সমাজত দেখা পোৱা সংকট ''প্ৰজন্ম ব্যৱধান ''ৰোধ কৰাত বিহু সংস্কৃতিৰ জৰিয়তে নাৰী সকলেই আগবাঢ়ি আহিব লাগিব । বিহুয়েই দিয়ে নিঃস্বাৰ্থ ভাবে মানৱীয় সম্পৰ্কৰ মহত্ত্বক উপলব্ধি কৰিবলৈ ।গৰু বিহুয়ে পোহনীয়া জন্তুৰ প্ৰতি থকা মৰম, আদৰ আদিৰ লগতে মানুহ বিহুৰ দিনা জ্যেষ্ঠজনক সেৱা, বন্ধুক আলিংগন, সৰুক আশীৰ্বাদ, বিহুৱান, বস্ত্ৰ উপহাৰ আদি পৰম্পৰা ই বিহুৰ আদৰ্শক প্ৰতিফলিত কৰে ।
   বৰ্তমান আধুনিকতাৰ গ্ৰাসত পৰি পণ্য সংস্কৃতিত ভোল গৈ ঐতিহ্য সম্পন্ন আদৰ্শবান অসমীয়া সংস্কৃতিৰ ঘূণে ধৰা ভাগ নাৰীৰ সংগ্ৰামী সত্ত্বাই ঐক্যবদ্ধ ভাবে থিয় দি নিৰ্মূলৰ ব্যৱস্থা লব পাৰে । সময়ৰ সোঁতত সংস্কৃতিৰ ধাৰা প্ৰবাহিত হ'ব পাৰে যাৰ বাবে সংস্কৃতিক বোৱঁতী সুতি বুলি কোৱা হয় । কিন্তু মূল সুঁতিৰ অক্ষুন্নতা ৰক্ষা কৰিব পাৰিলেহে মানুহৰ সাংস্কৃতিক অস্তিত্বও সুৰক্ষিত হ'ব । যিহেতু এটি পৰিয়ালৰ শিশুক  মাতৃ গৰাকীয়েই ভৱিষ্যত জীৱনৰ বাবে সকলো প্ৰকাৰৰ শিক্ষা প্ৰদান কৰে। গতিকে আমাৰ বিহু তথা কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰতো নাৰীয়েই প্ৰধানতম ভূমিকা পালন কৰিব পাৰে। সেয়ে  নেপোলিয়ন বোনাপাৰ্টে কৈছিল– '‘মোক এগৰাকী মহিয়সী মাতৃ দিয়ামই এটা মহান জাতি দিম।''
        
বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও ।



পৃষ্ঠাঃ ৯

ৰোমন্থন : চড়ক পূজা

শর্মীষ্ঠা বর্মন

       চ'ত মাহ আৰম্ভ হোৱাৰ দিনাৰ পৰাই মনটো ব'হাগৰ অপেক্ষাত ব্যাকুল হৈ পৰা যেন অনুভৱ হয় ৷ চ'তৰ সংক্রান্তি আৰু পহিলা বহাগলৈ আঙুলিৰ মূৰত দিন গণি গণি অধীৰ আগ্রহেৰে দিন নেযায় নুপুৱায় যেন লাগে ৷ অৱশ্যে সেই নেযায় নুপুৱায় যেন লগা দিনবোৰ এটি বিশেষ কাৰণত কেতিয়াবা কেতিয়াবা চুটি হোৱা যেন লাগে ৷ তাৰ কাৰণ হৈছে এক বিশেষ স্থানীয় লোকসংস্কৃতি ৷ 
          চ'তৰ শেষৰ দিনা অর্থাৎ চ'তৰ সংক্রান্তিৰ দিনা আমাৰ শিলচৰৰ ঘৰৰ সন্মুখত থকা ডাঙৰ খেলপথাৰখনত চড়ক পূজা নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ চড়ক পূজা হৈছে শিৱক উপাসনা কৰা এক বিশেষ পূজা ৷ আমি বৰাকপৰীয়াসকলৰ বাবে  ৰঙালী বিহুৰ লগতে চড়ক পূজাও এক মহত্ত্বপূর্ণ অনুষ্ঠান ৷ এই পূজাৰ বাবে  গোটেই চ'ত মাহটোত ধন সংগ্রহ কৰা হয় ৷ ধন সংগ্রহ কৰাৰ এক বিশেষ পদ্ধতি আছে ৷ এদল কিশোৰ আৰু যুৱকৰ ভিতৰত এজনে শিৱৰ আৰু এজনে পার্বতীৰ ভাও লয় ৷ শিৱ আৰু পার্বতীৰ ভাও দিয়া দুজনে এনেদৰে সাজ-সজ্জা পৰিধান কৰে যে সঁচাকৈ শিৱ-পার্বতী প্রকট হোৱা যেন ভাৱ হয় ৷ শিৱৰ ভাও দিয়াগৰাকীক আমি বিশেষভাৱে গুৰুত্ব দি চাইছিলোঁ ৷ চুলিত জঁটা , অর্দ্ধচন্দ্র , হাতত ডম্বৰু লৈ যেতিয়া তাণ্ডৱ নৃত্য  প্রদর্শন কৰে , বহু লোকে সঁচা শিৱ বুলি সেৱাও কৰে ৷ শিৱৰ ভাৱৰীয়াই সমগ্র শৰীৰত চিকমিক কৰি জিলিকি থকা গভীৰ ৰূপালী ৰং সানি লয় ৷ সেই ৰূপালী ৰং সহজতে এৰা বিধৰ নহয় ৷ বোধহয় চড়ক পূজালৈকে সেই ৰং স্থায়ী হৈ থাকে ৷ এৰুৱাওঁতে কিমান যে ঘঁহিব লাগে হ'বলা , ভাবি আচৰিত হওঁ ! সমজুৱাকৈ মুকলি স্থানত এই পূজা অনুষ্ঠিত কৰা হয় যদিও ঠায়ে ঠায়ে সৰু-সুৰাকৈয়ো এই পূজা অনুষ্ঠিত কৰা হয় ৷ সেয়েহে এনেধৰণৰ শিৱ-পার্বতীৰ দল প্রায় সদায়েই আহে আৰু কেতিয়াবা দিনত দুই-তিনিটা দলো আহি উপস্থিত হয় ৷ 
          কম বয়সীয়া বা কিশোৰাৱস্থা অথবা যৌৱনাৱস্থাতো আমি আটাইকেইটা ভাই-ভনীয়ে শিৱ-পার্বতীৰ এই ধন সংগ্রহৰ বাবে কৰা নৃত্য উপভোগ কৰিছিলোঁ ৷ শেষত দুপইচা বৰঙণিও আগবঢ়াইছিলোঁ ৷ পিছে চ'তৰ সংক্রান্তিৰ দিনা অনুষ্ঠিত হোৱা চড়ক পূজা ভয়ে ভয়েহে চাবলৈ  গৈছিলোঁ ৷ কাৰণ সেই পূজাত যি ধৰণ কার্যকলাপ প্রদর্শন কৰা হৈছিল সেইবোৰ আমাৰ দৃষ্টিত বৰ ভয়াবহ আছিল ৷ পূজা অনুষ্ঠিত হ'বলগীয়া স্থানৰ সোঁমাজত প্রথমতে চড়ক গছ প্রতিষ্ঠা কৰা হয় ৷ প্রকৃততে চড়ক বুলি কোনোধৰণৰ গছ নাই ৷ ডাঙৰ এজোপা গছৰ শিপা আৰু ডাল-পাতবিহীন দীঘলীয়া টুকুৰা এডোখৰক কেবাজনো লোকে টানি থিয় কৰাই মাটিত মজবুতকৈ পুতি লয় ৷ সেই চড়ক গছজোপাক শিৱৰ অর্দ্ধনাৰীশ্বৰৰ ৰূপত কল্পনা কৰা হয় ৷ তাৰ পাছত চড়ক গছজোপাৰ ওপৰভাগত চকৰিৰ সদৃশ সজাই তাৰ চাৰিওফালে বৰশীৰ দৰে ৰছী ওলোমাই দিয়া হয় ৷ সেই বৰশীৰে কেইজনমান লোকৰ পিঠিত গাঁঠি দি চকৰিত ওলোমাই দিয়াৰ পাছত চকৰি ঘূৰাই দিয়া হয় ৷ দেখিলে আচৰিত লাগে এজন সৱল মানুহক ওলোমাব পৰা শকত বৰশী পিঠিত খোঁচমাৰি সোমোৱাই দিওঁতে কাৰো মুখৰপৰা " উফ্ " বুলি এটা শব্দও ওলাই নাহে ৷ অৱশ্যে যদিওবা অকস্মাতে কাৰোবাৰ মুখৰপৰা খোঁচ খাই বিষত মুখৰপৰা কিবা শব্দ ওলায়ো থাকে তেন্তে দর্শকৰ হৈ চৈত সেইয়া তল পৰি যায় ৷ বৰশীৰে খোঁচোতে বহুতৰ তেজ ওলাই আৰু বহুতৰ এটোপো তেজ নোলায় ৷ সেই দৃশ্য দেখি মোৰ মুখৰ পৰাহে "আই ঔ দেহি" বুলি চিঞৰ এটাহে ওলাই আহে ৷ তেতিয়া চকু মুদি দিওঁ ৷ 
        চড়ক গছজোপাত লগোৱা চকৰিৰ মহত্ত্ব আছে ৷ চড়ক শব্দৰ অর্থ চক্র বা চকৰি ৷ পৃথিৱীয়ে সূর্য্যৰ প্রদক্ষিণ কৰা চক্রৰ ধাৰণা কৰা হয় ৷ এই চক্র মোক্ষপ্রাপ্তিৰ সহায়ক বুলি ধাৰণা কৰা হয় ৷ 
         চড়ক পূজাৰ আন এটি মন কৰিবলগীয়া প্রদর্শন আছে ৷ এছটা এজন ব্যক্তি দীঘল দি শুব পৰা জোখৰ তক্তাত ডাঙৰ ডাঙৰ আৰু দীঘল দীঘল গজাল পুতি জোংবোৰ ওলাই থকা ফালে এগৰাকী ব্যক্তি কেতিয়াবা চিত হৈ , কেতিয়াবা উবুৰি খাই শুয়ে  ৷ তাৰপাছত বগা কাপোৰ এখনেৰে কিছুসময় ঢাকি দিয়ে ৷ মানুহজন সুস্থভাৱে উঠি নহালৈকে মনত ভয়ৰ ভাৱ উদ্রেক হ'বলৈ ধৰে ৷
         চড়ক পূজা পশ্চিম বঙ্গ , ত্রিপুৰা , অসম আৰু বাংলাদেশৰ দক্ষিণ এলেকাত বিশেষভাৱে উদযাপন কৰা হয় ৷ ইয়াৰ আৰম্ভণি কোন ঠাইত অথবা কেতিয়া আৰম্ভ হৈছিল কোনোৱে নাজানে ৷ কিংবদন্তিমতে ১৪৮৫ চনত সুন্দৰানন্দ ঠাকুৰ নামৰ ৰজাই এই পূজা আৰম্ভ কৰাইছিল ৷ কিন্তু তেওঁ কোন এলেকাৰ ৰজা আছিল , সেয়া কোনোৱে নাজানে ৷


পৃষ্ঠা ১০
ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন

দুৰ্গেশ্বৰ শইকীয়া
মাজুলী

২০ নং সংখ্যাৰ পিছৰ পৰা

(ওঠৰ)

         সেই দিনাই সন্ধিয়ালৈ সিহঁত মাষ্টৰৰ ঘৰত গোট খাই আলোচনাত মিলিত হ'ল । মাষ্টৰকো অৱগত কৰোৱা হʼল সিহঁতৰ আঁচনি খনৰ কথা মাষ্টৰেও সন্তোষ পালে সিহঁতৰ আচঁনি খনৰ কথা জানি ।
              আৱেগ ভৰা ভাৱনাৰে মাষ্টৰৰ মন টোৱে আকৌ এবাৰ ঢাপলি মেলিলে দূৰ অতীততে এৰি অহা যৌৱনৰ স্বপ্ন মধুৰ দিনবোৰ লৈ  । আৱেগত তেওঁ কৈয়ে পেলালে "এৰা মোৰ ডেকা কালৰ সংগী বোৰ নিজক লৈ ব্যস্ত হৈ পৰিল । নগৰৰ মোহিত বহুজন বন্দী হৈ গাঁৱলৈ পিঠি দিলে । ইয়াত অকলে পৰি থাকিলো মই । মোৰ আশা আকাংক্ষা , মোৰ স্বপ্নবোৰ তহঁতৰ মাজতে প্ৰতিফলিত হৈ আজি ন ন গজালি মেলি লহপহকৈ বাঢ়ি গৈ থকাত মই সঁচাকৈয়ে সুখী লʼৰাহঁত । ʼʼ
          "আপোনাৰ পৰাইতো আমি ৰাজহুৱা স্বাৰ্থৰ কথা চিন্তা কৰাৰ প্ৰেৰণা পাইছিলো ককাইদেউ আপোনাৰ পাঠ গ্ৰহণ কৰি , আপোনাৰ আঙুলিত ধৰিয়েইতো আমি আজি এইখিনি পাইছোহি ।  তাৰ বাবে আমিও জানো আপোনাৰ ওচৰত ঋণী নহয় । ʼʼ ৰঘুৱে কʼলে ।
          মাষ্টৰৰ চকুৱেদি তেতিয়া বৈ গৈছিল এসোঁতা আনন্দৰ চকুলো । বাধা দিয়াৰ চেষ্টা নকৰিলে তেওঁ । ইতিমধ্যে লʼৰাহঁতলৈ চাহ আনি দিয়েহি ভাস্কৰৰ পৰিবাৰে । লʼৰাহঁতৰো খবৰ বাতৰি লʼলে । ভালে কেইদিন নহাৰ বাবে গালিও পাৰিলে সিহঁতক ।  সিহঁতেও অপৰাধী অপৰাধী ভাৱেৰে ক্ষমা বিচাৰিলে । কাৰণ নবৌ জনী সিহঁতৰ কাষত সদায় মাতৃত্বৰ দাবীৰে থিয় হয় । আলোচনাই শেষত পহিলা জানুৱাৰীৰ পৰাই বিদ্যালয় খন আৰম্ভ কৰাৰ সিদ্ধান্ত হʼল । লগতে সিদ্ধান্ত হʼল মাষ্টৰৰ দানেৰে এটা স্থায়ী ঘৰ নিৰ্মাণ কৰাৰ আৰু ৰাজহুৱা সভা পাতি ৰাইজক জনোৱাৰ ।
             
           মাষ্টৰ আৰু লʼৰাহঁৰ চেষ্টাত ডিচেম্বৰ মাহৰ ভিতৰতে বিদ্যালয়ৰ ঘৰ হৈ উঠিল । সুন্দৰ কৈ চৌহদটো সিহঁতে সুৰক্ষিত কৰি ধুনীয়াকৈ সজাই পেলালে শিশু উন্নয়ন কেন্দ্ৰটোৰ দৰেই । কামৰ হেচাঁও বাঢ়ি গʼল সিহঁতৰ । 
              যথাদিনত অনুষ্ঠানৰ দুৱাৰ মুকলি কৰা হʼল । ভগ্ন হৃদয়েৰে স্বপ্নাৰ দেউতাকে অনুষ্ঠানৰ দুৱাৰ মুকলি কৰিলে । ভাগে ভাগে বহুজনে দান বৰঙণি আগবঢ়াই আচবাব , বাদ্য আদিৰ যোগান ধৰিলে । অৰ্হতা সম্পন্ন প্ৰশিক্ষক নিযুক্তি দিয়া হʼল আৰু লাহে লাহে ৰং তুলিকা বাদ্য কণ্ঠৰ সমাহাৰে জীৱন্ত কৰি তুলিলে মোহনাৰ পূৰ্বৰ ঘৰৰ ভেঁটি । মোহশ স্বপ্নায় স্মৃতি যুগমীয়া হোৱাৰ পথত অগ্ৰসৰ হʼল কৃতজ্ঞ লগৰীয়া হঁতৰ যত্নত । মাষ্টৰৰ আশাৰ কঠীয়াবোৰ সজাৰ ধৰি লোক মেলি পৰিবলৈ সাজু হʼল ।

(ঊনৈশ) ‌

           চʼত মাহ । চাৰিওফালে বসন্তৰ আগজাননী কঢ়িয়াই অনাৰ বতৰা । ৰিঙা ৰিঙা মনবোৰত অনাগত বʼহাগৰ কঁপনি । মন দিচাং থৌকি বাথৌ । লঠঙা গছবোৰে ন সাজ পিন্ধি বসন্তক আদৰিবলৈ হাউলি হৈ পৰিছে । যʼত তʼত ফুলিব ধৰিছে বিবিধ বনৰীয়া ফুল । বিৰিখৰ ডালে ফালে বন বিহংগৰ মধুৰ কাকলি । তাতে আকৌ শুকান সুঁতিৰ পাৰৰ পথাৰত মʼহৰ পিঠিত উঠি বজোৱা পেঁপাৰ মাত , দূৰৈৰ পৰা বতাহত ওপঙি অহা দূই এফাঁকি লেনীয়া বিহু গীতৰ সুৰীয়া সুৰে মনত পেলাই দিছে সেয়া বʼহাগ পালেহি । মʼহৰ পিঠিত উঠি থকা বেজিৰাম টাইপিঙৰ মন ঘূৰোৱা পেঁপাৰ মাতে দাসৰ লৈ থকাৰ পৰা ভাবি অহা ভোগমন কাইটিৰ লেনীয়া সুৰত উকিয়াই গোৱা জাত । , নুমৈচী ৰঙিলী হতঁৰ খৰি লুৰি থকা ঠাইৰ পৰা ভাঁহি অহা বিচু চাজেবা শুনি শুনি তন্ময় হৈ এনেয়ে ওলাই যোৱা নগেন কেতিয়ানো‌ দলংখনৰ ওচৰ পালেগৈ ততকে ধৰিব নোৱাৰিলে ।ৰেলিঙতে ভেজা দি তন্ময় হৈ  শুনি থাকি থাকি এসময়ত কিবা উদাস ভাৱ এসোপাই যেন তাক বেৰি ধৰিলেহি । 
              আবেলি হওঁ হওঁ । দেও বাৰ কাৰণে তাৰ কলেজ নাছিল । অকণমান বহি সুৰৰ মাদকতাত মগ্ন হোৱাৰ মানসেৰে সি দলঙৰ কাষত দূবৰি ডৰাতে বহি পৰিল । 
            অলপ পাছতে কʼৰবাৰ পৰা অহা ধীৰেনো তাক দেখি ওচৰ চাপি আহিল । দুয়ো বন্ধুৱে দূৱৰিৰ দলিচাত বহি অনাগত বʼহাগৰ আগমনৰ বতৰা কঢ়িয়াই অনা প্ৰকৃতিৰ কথা , বʼহাগ মতলীয়া বেকাৰ গাভৰু হঁতৰ কথা পাতিবলৈ ধৰিলে । 
              "কি হʼল ঔ‌ নগেন কাই ? অʼ ধীৰেন তই কি কৰিছনো ? ʼʼ জেংৰাইৰ ফালৰ পৰা আহি থকা মাষ্টৰৰ ঘৰত কাম কৰা সৰুকণে সুধিলে ।
               "এই সৰুকণ দেখোন !  কিনো কৰিবা । এনেয়ে বহি ভাত খোৱা শাক খোৱা কথাকে পাতি আছো দিয়া । পিছে তুমিনো কʼৰ পৰা আহিলা ?ʼʼ ধীৰেনে সুধিলে । 
              "এ কিনো কʼবা । আজি এসপ্তাহ মানৰ পৰা মাষ্টৰ কাইৰ গাটো বেয়া । তোমাৰ সেই কালি ডাক্তৰ আনিব লগা হʼল । ডাক্তৰে দৱাই দুটা মান লিখি দিছিল‌পিছে সেই কেইটা আকৌ ইয়াত নাপাই জেংৰাইৰ পৰা আনিলোগৈ ।ʼʼ সৰুকণে উত্তৰ দিলে ।
           
আগলৈ...


পৃষ্ঠা ১১

অভিশ্ৰুতি

চয়নিকা বৰুৱা

যোৱা সংখ্যাৰ পিছৰ পৰা

 খণ্ড ১৪

• সি আহিব নোৱাৰে অ

•অহ্...পেহী...তুমি ?
পেহী অহা দেখি ফোনতো কাটি দিলো। নহ'লে পেহীয়ে কি ভাবিব বাৰু

•অভি নি ? দিয়াচোন কথা পাতো।

•পেহী তেওঁ ফোনতো কাটি দিলে। বিশেষ কামত ওলালে।
তপৰকে ফাঁকি এটা দি দিলো। আপোনালোকেতো জানেই ফোন কোনে কাটে....হুহু...হুহু

•পোৱালি...হো ল...অভিয়ে ফোন কৰিছে।

হে প্ৰভু...দেখিছা বাৰু...মই ফোনতো কাটি দিলো যে...সেই কাৰণে দাদালে ফোন কৰিলে

•অভি নি ? চাওঁ মোক দে চোন।

•Hello...miss...

•বোপা...মই তাইৰ পেহীয়েক হে।

•অহ্...Sorry পেহী, মই শ্ৰুতিস্না বুলি ভাবিছিলো। কওক চোন পেহী।

•কি কৰি আছা ? 

•মই কিতাপ এখন পঢ়ি আছিলো।

•অ'...ভাত খালা ?

•নাই খোৱা পেহী। অলপ পাছত খাম।

•মনা...এইফালে আহাঁচোন।
মায়ে মাতিছে। মনা মানে মোৰ পেহীৰ নাম। আচলতে পেহীৰ নাম মনালী...কিন্তু আমাৰ পৰিয়ালৰ সকলোৱে মনা বুলি হে মাতে।

•অ'...গৈছো।...অভি তুমি এইৰ লগত কথা পাতা...।

•থিক আছে পেহী।

পেহীয়ে ফোনতো মোৰ হাতত দি মাৰ ওচৰলে গ'ল। ফোনতো কাণৰ ওচৰলে নিও নিনিওকে নিলো।

•Hey...miss...ফোনতো কিয় কাটি দিলা ?

•পেহী আহিছিল।

•তাতে কি হ'ল ?

•মোৰ লাজ লাগে আনৰ আগত কথা পাতিবলে।

•কিয় ?

•আপোনাৰ এই কিয়টোৰ উত্তৰ নাই।

•বাপ্....ৰে....বেলেগ Answer দিলে দেখোন ঔ...পিছে ভাল লাগিল। এতিয়া কথা এটা শুনা...মই আজি ৰাতি ফোন কৰিব নোৱাৰিবও পাৰো...বিশেষ কাম এটাত এফালে যাব লাগিব। ঘূৰি অহালে বহু পলম হ'ব। গতিকে তুমি চিন্তা নকৰিবা...Oky...

•কিন্তু...আপুনি আহি পালে ফোন কৰি মোক জনাব।

•ৰাতি বহু পলম হ'ব নহয়।
•মই একো নাজানো...ফোন কৰিব। এতিয়া Bye.

•Oky...Oky...Bye.
ফোনতো থৈ মই ভালদৰে ওলাই ল'লো। এনেতে ভণ্টিয়ে মোক ক'লেহি...বা তেওঁলোক পালেহি। মোৰ বৰ ভয় লাগিছে। নাজানো কিয় ?

অলপ সময়ৰ কাৰণে কাহিনীৰ পৰা ওলাই আহিছো দেই...কথা এটা জনাৰ আগ্ৰহেৰে। বিয়াৰ আগৰ এই সময়খিনি কেনেধৰণৰ বাৰু ? মনত চাগে নানান অনুভৱ জাগে নহয়নে ? মই নাজানো...সেয়েহে সুধিলো। জানিবলে বৰ মন গ'ল..সেয়েহে ভাবিলো আপোনালোকক সুধিয়েই লওঁ। শ্ৰুতিস্নাৰ অনুভৱ আৰু আপোনালোকৰ অনুভৱ একেই নে ? মোক জনাবচোন। তেন্তে বলক আপোনালোকক আৰু আমনি নিদি কাহিনী লৈ প্ৰৱেশ কৰোঁ।

•মাজনী।

•অ... মা...

•তেখেতসকল পালেহি নহয়।

•গম পালো মা।

•আহাঁ বাহিৰলে।

•গৈছো।
লাজ লাজ ভাৱেৰে মই বাহিৰলে গ'লো। সকলোকে সেৱা জনালোঁ কিন্তু মোৰ চকুযুৰিয়ে নাজানো কিয় কেৱল তেওঁক বিচাৰিছিলে। তামোল-পাণ পেলাই সকলো ঘৰলৈ বুলি বাট ল'লে...কিন্তু মোৰ মনতো বৰ সেমেকা। ভণ্টিয়ে আকৌ মোক জোকাৰিছে হে ইমান দুখ নকৰিবি..চেপ্তেম্বৰ মাহ হে...সোনকালেই পাবহি।ইমান দুখ কৰিব নালাগে..তেওঁলোকক সোনকালেই লগ পাবি...। কিন্তু মই হ'লে তাইক ওভতি একো নকলো, কাৰণ মোৰ মনতো বেয়া হৈ থকাৰ কাৰণ বেলেগ। মই তেওঁক এবাৰু নুশুধিলো তেওঁ কোন ঠাইলৈ যাব

•পোৱালি

•............

•ঐ....পোৱালি

•............

•ঐ......

•হা......কি হ'ল ?

•কি ভাবনাত ডুব গ'লি ঔ..মই ইমান মাতি আছো শুনা নাই নে তই।

•দাদা....তেওঁ ক'ত গৈছে গম পাৱ নি ?

•নাজানো। মই সুধিলত মোক ক'লে কিবা দৰকাৰত এফালে যাব। কিন্তু তোকো নাই কোৱা নি ?

•উহোঁ..নাই কোৱা। আচলতে মইয়ো নুশুধিলো।

•পাগলী....খবৰ ল'বি অলপ..সি ক'ত যাব, কি খাব....মানে মই কি কৈছো বুজিছ নে ? মই সন্দেহ কৰা কথা কোৱা নাই। তাৰ কেয়াৰ লোৱাৰ কথা কৈছো। তই তাৰ জীৱনত খোজ দিছ যেতিয়া তাৰ কেয়াৰ ল'বি। তাক অলপ সময়ৰ কাৰণেও অকলসৰীয়া অনুভৱ নকৰাবি। বুজিলি নহয় মই কি কৈছো ?

•উম...বুজিলো।

•হ'ব। তই এতিয়া চিন্তা কৰি নাথাকিবি। যা কাপোৰযোৰ সলাই ল। মই অলপ বিকিৰ ঘৰৰ পৰা আহোঁ।

•থিক আছে।
দাদা যোৱাৰ পাছত মই কাপোৰ সলাই হাত-ভৰি কেইটা ধুই অলপ সময় বিছনাতে শুই দিলো। ভাগৰৰ কোবত কেতিয়ানো টোপনি গ'লো গমেই নাপালো। সাৰ পাই দেখো দাদাৰ কেইবাটাও মিছকল। লৰালৰিকে মই দাদালে ফোন লগালো।

•Hello...দাদা।

•পোৱালি তই সোনকালে বিকি হঁতৰ ঘৰলে আহচোন।

•কিয় ?

•প্ৰশ্নৰ উত্তৰ পাছত দিম তই আহচোন প্ৰথমতে।

•থিক আছে।

•আৰু শুন...হাতত বহি এখন লৈ আহিবি।
টুত..টুত....

•মা মই বিকি দা হঁতৰ ঘৰৰ পৰা আহোঁ..দাদা য়ে মাতিছে।

•সোনকালে আহিবা মাজনী। গোঁসাই চাকি দিব হ'ব অলপ পাছতেই।
লৰালৰিকে মই হাতত বহি লৈ বিকি দা হঁতৰ ঘৰলৈ বুলি বাট ল'লো। বিকি দা হঁতৰ গেট খন খুলিছিলো হে মাত্র...সন্মুখত...

আগলৈ......


পৃষ্ঠা ১২

এই বাটেদি ৰাধা যমুনালৈ যায়

শিৱানী বৰা
হাতীগাওঁ, গুৱাহাটী
দূৰভাষ-৭০০২৫৬৪৮৪৪

যোৱা সংখ্যাৰ পিছৰ পৰা

(পাঁচ)

     আজিও ঘৰৰ আটাইমখা ৰাস চাবলৈ গৈছে। মানুহজনী ঘৰতে আছে। তেওঁ কাইলৈ যাব। শালৰ পৰা কটা নতুন চাদৰখনকে উলিয়াই দহি বাতিবলৈ বহিছে। আজি ফুট গধুলিতে পাকঘৰটো অটাই মেলি আজৰি যেনিবা। 

                ৰাস থলিৰ পৰা ভাঁহি আহিছে বসুদেব দৈৱকীক ককায়েক কংসই বিদায় জনোৱাৰ দৃশ্যাংশ। দৈৱকীৰ হিয়া ভঙা বিননিত ভদ্ৰনীৰ বুকুখনো কান্দি উঠিছে। নাৰীৰ জীৱন ! সংসাৰৰ নিয়ম। বিয়া নহ'লে মাইকী মানুহৰ হাড় শুচি নহয় বোলে। এতিয়া ভদ্ৰনী বিয়া হ'ল বুলিহে।  

            ৰাসথলিৰ পৰা ভাঁহি আহিছে হৃদয় কঁপাই যোৱা দৈৱবাণী-

      " দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোৰ ......."

             ডবা কাঁহ শংখৰ শব্দত মানুহজনীৰ বুকুখনো দুৰু দুৰুকৈ কঁপি উঠিছে। মোমায়েক ভাগিনৰ প্ৰাণৰ শত্ৰু ! ভগৱানৰ মহিমা অপাৰ ! সাধাৰণ নৰ মনিচে কি বুজি পাব ভগৱানৰ মহিমা!

              সাধাৰণ মানুহৰ সম্পৰ্ক বোৰেই ভাল। স্বাৰ্থ নাইকীয়া। নিজকে লৈ গৰ্ব কৰিবলৈ মন যায় ভদ্ৰনীৰ। তেজৰ সম্পৰ্ক নাইকীয়া মানুহখিনিয়ে কমটি মৰমত ৰাখিছেনে তেওঁক ?

               নিজৰ পেটৰ পোৱালি নাই কি হ'ল পিছে ? মাজুকণৰ নছোৱালীয়ে কেঁচুৱাটো মানুহজনীৰ হাতত তুলি দি কৈছিল , এয়া আপোনাৰেই ল'ৰা। অকণমানি গুলপীয়া কেঁচুৱাকণক সাবটি লওঁতে কেনেকুৱা অনুভৱ কৰিছিল সেয়া কাকো বুজাব নোৱাৰে তেওঁ। মানুহজনীয়ে কেঁচুৱাটোৰ নাম ৰাখিছিল আনন্দ। সকলোৰে মৰমৰ জানটো। 

                জানটোৰ পিছতে সৰুকণৰ নছোৱালীৰ ছোৱালী এজনী জন্ম হৈছিল। ছোৱালীজনীৰ নাম ৰখা দায়িত্বও মানুহজনীকে দিছিল। নামটো বৰ হেঁপাহেৰে ৰাখিছিল তেওঁ আশাপূৰ্ণা। ঘৰত মাতে মাজনী বুলি। এতিয়া মাজনী আৰু জানটো দুয়োটা কলেজৰ শেষ বৰ্ষত। সিহঁতৰ পিছতে আহিছিল ধনটি আৰু সৰু ছোৱালী। 

              চাৰিওটা ল'ৰা-ছোৱালীকে নিজৰ বুলি ভাবি ডাঙৰ কৰিছে তেওঁ। মল-মুত্ৰৰ ফটা কানিৰ পৰা গা-ধুৱাই দিয়া, নিজেই চাউল খুন্দি পিঠাগুৰিৰ লুঠুৰি, ভীমকলৰ জলপান তৈয়াৰ কৰাকে ধৰি স্কুললৈ অনা- নিয়া কৰা, টিফিন বনোৱা, সিহঁতৰ পছন্দৰ খাদ্য বনোৱা, সিহঁতৰ কাপোৰ ধুই দিয়াকে ধৰি সকলোবোৰ দায়িত্ব তেওঁ নিজৰ কৰি ল'লে। 
            
              কোনো বিষ কষ্ট নোহোৱাকৈয়েই ভদ্ৰনী চাৰিটাকৈ সন্তানৰ মাক হ'ল। "ডাঙৰ মা" "ডাঙৰ মা" কৈ সিহঁতে নিজৰ মাকতকৈ তেওঁকহে বিচাৰে। মনটো ভৰি পৰে তেওঁৰ। সিহঁতৰ কাৰণে নকৰিনো কাৰ কাৰণে কৰিব ?

                  শাহুৱেক কালৰী বুঢ়ী মৰাৰ পিছত দুবছৰমান মানুহজনী সৰু পকী কোঠালিটোতে আছিল। কিন্তু জানটো আৰু মাজনী ডাঙৰ হোৱাৰ পৰা সিহঁতকো পঢ়িবলৈ ঠাইৰ প্ৰয়োজন হ'ল। মানুহজনীয়ে নিজৰ কোঠাটোকে এৰি দিলে। অকলশৰীয়া মানুহ কেলৈনো পকী কোঠালি এটা ! তেওঁ পাকঘৰৰ দাঁতিত থকা ধানৰ ডুলি, অলাগতিয়াল সামগ্ৰী থকা কোঠাটোকে চাফা কৰি সেইটোতে থাকিবলৈ ল'লে। 
 
               সুখৰ অভাৱ নাই। অৰ্থৰো অভাৱ নাই। ভদ্ৰেশ্বৰ মহৰীৰ ঘৈণী তেওঁ। মৰাৰ পিছতো খাব পৰাকৈ মানুহজনৰ পেঞ্চনটো পাই তেওঁ। আগতে মাহৰ প্ৰথমতে পেঞ্চন আনিবলৈ নিজেই যাবলগীয়া হৈছিল। পিছে আজিকালি ভাল হ'ল । কিবা চাৰিচুকীয়া তাচ পাতখিলাৰ সমান কাৰ্ড এখন থাকে। সেইখন ভৰাই দিলেই বোলে পইচা ওলাই আহে। তেওঁ সেইবোৰ ব্যৱহাৰ কৰিব নাজানে। সেয়ে বোৱাৰী দুজনীয়ে ওলাই আনেগৈ যেনিবা। 

                  পেঞ্চন আনিবলৈ যোৱাৰ দিনা তেওঁলৈ প্ৰায়েই বগা ব্লাউজ এটা, সৰু পটি দিয়া বগা চাদৰ নতুবা পেটিকোট এটা কিনি আনে। বিধবা মানুহৰনো ক'ত চখ থাকিব ? সিহঁতে ধুনীয়াকৈ কিনি আনি পিন্ধেহি।  ভাল লাগে ভদ্ৰনীৰ। ল'ৰা-ছোৱালী কেইটাৰ দৰকাৰী বস্তুবোৰ পেঞ্চনৰ পইচাৰে কিনি আনিবলৈ কয়। কিন্তু বোৱাৰী দুজনী বৰ ভাল দেই হিচাপত। কাৰ্ডখনৰ সৈতে পইচা এশ টকা সদায় ঘূৰাই দিয়ে তেওঁক। দুহেজাৰ টকাৰ পেঞ্চননো কিমান থাকিবগৈ ? কিমান মানা কৰে তেওঁ। কিন্তু সিহঁতে নুশুনে। 

                ইমান সুখৰ পৰিয়াল গাওঁ খনত  কেইঘৰ আছেনো ? ভদ্ৰনী খুব সুখী। জটিল জীৱন এটা নিবিচাৰে তেওঁ।  দুকুৰি বছৰলৈ মাত্ৰ এটা বছৰ বাকী। খুব বেছি একুৰি থাকিব। সেই একুৰি বছৰ তেওঁ জানটো ধনটিহঁতৰ ল'ছালিৰ লগত ওমলিয়েই পাৰ কৰি দিব। মাজনীৰ দৰা ঠিকেই হৈ আছে। অহা বছৰ ফাগুন মানলৈ বিয়াই হ'বগৈ চাগৈ। এই বছৰটো চেলেং, গামোচা,  মেখেলা-চাদৰ বৈ থাকোঁতে পাৰেই হৈ যাবগৈ। 

            মানুহজনীক অন্য সুখ আৰু নালাগে। বিচৰাটোও পাপ এই বয়সত। কিন্তু কেতিয়াবা নাভাবোঁ বুলি ক'লেও কিছুমান কথাই বৰকৈ আমনি কৰি যায়হি তেওঁক। কিন্তু সমাজবিৰোধী কাম কেতিয়াও নকৰে তেওঁ।  এতিয়া তেওঁ শৰণ ভজন লোৱা সমাজৰ মূল মানুহ। এই পাপ চিন্তাবোৰে শোভা নাপায়। 

আগলৈ...


পৃষ্ঠা ১৩

অণুগল্পঃ

(ক) মৃত্যুৰ সুখ

গিৰিয়েকক শেষ বিদায় দি ল'ৰা -ছোৱালী দুটাকো টানি আনি সেৱা কৰোৱালে। তাইৰ চকুত চকুপানী নাই। কান্দি থকা ল'ৰা-ছোৱালীহাললৈ চাই মানুহবোৰে কোৱাকুই কৰিছে-' ল'ৰা-ছোৱালীহালে কান্দিছে অথচ তাইৰ চকুত পানী এটুপিও নাই।' 
তাই কথাবোৰ নুশুনা ভাও ধৰি আছে। তাই এই মুহূর্তত কাকো বুজাই দিব নোখোজে যে সিহঁতৰ সেই চকুপানী ভোকৰহে, দুখৰ নহয়। সিহঁতেও বুজি উঠিছে এতিয়াৰ পৰা অন্ততঃ মাকে কাম কৰি চাউল কিনিবলৈ গোটাই থোৱা টকাখিনি দেউতাকে মদ খাবলৈ কাঢ়ি নিবলৈ নাহে।

হেমা চৌধুৰী গগৈ

(খ) পৰিৱৰ্তন
  
"সকলোৱে ধুনীয়াকৈ ফটো উঠিছে"।
     সদায় তাই দূৰৰ পৰা সিঁহতক চাই ৰয় !
"তোমাৰ লগত  ফটো এখন উঠিব পাৰিম নেকি?" কথাষাৰ শুনি তাই এখোজ-দুখোজকৈ আগবাঢ়ি গ'ল।
আজি তাইৰ মেকাপবিহীন সাফল্যৰ চেহেৰাটোৱে যে সকলোৰে চিনাকী!

দীপাঞ্জলী তালুকদাৰ
গুৱাহাটী

(গ) মিডিয়া মেনিয়া

      "ঐ মিডিয়া মাত। ঐ ফেচবুক লাইভ কৰ। সকলো আজি ফাদিল কৰি দিম। মাচুল দিব নোৱৰাৰ বাবে পৰীক্ষাত বহিবলৈ নিদিয়াকৈ কেনেকৈ ৰাখিব পাৰে ?" বছৰেকীয়া পৰীক্ষা চলি থকাৰ সময়তে বাহিৰত বহি থকা এজন ছাত্ৰক কেন্দ্ৰ কৰি কিছু অভিভাৱকৰ মাজত হৈ-চৈ লাগিল।
     গণ্ডগোল শুনি বিদ্যালয়ৰ কৰ্মচাৰী এজন আগুৱাই অহাতহে উৰহীৰ ওৰ ওলাল। ল'ৰাজনৰ সেইদিনা পৰীক্ষাই নাছিল। পৰীক্ষাসূচী চাওঁতে ভুল হৈ হে সি বিদ্যালয়ত উপস্থিত হৈছিল।

অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০

ঘ/ হুঁচৰি

          বিহুৰ প্ৰথম দিনটোতে ঘৰৰ কাষতে লাগি থকা মহাজন ককাৰ ঘৰত হুঁচৰিৰ মাত শুনি কণমানি কুঁহিয়ে আইতাকৰ পুৰণি পেৰাটোৰ পৰা মুগাৰ ৰিহা আৰু মেখেলাখন উলিয়াই মাকক পিন্ধাই দিবলৈ কুটুৰি থাকে আৰু কয় “মা মোক সোনকালে মেখেলা-চাদৰ পিন্ধাই দিয়া ৷ মহাজন ককাৰ ঘৰত শেষ হ’লেই আমাৰ ঘৰলৈও হুঁচৰি আহিব, মই নাচিব লাগিব নহয় ৷ কাপোৰযোৰ সোনকালে পিন্ধাই দিয়া মোক ৷”
          কুঁহিৰ কথাষাৰ শুনাৰ লগে লগে মাকে কুঁহিক দিবলৈ কোনো উত্তৰ বিচাৰি নাপায় মাথোঁ চকুলো টোকে ৷ কাৰণ কুঁহিৰ সৰু মনটোৱে যে বুজি নাপায় আজিকালি বেছিভাগ হুঁচৰি দলে ধনী-মহাজনৰ ঘৰতহে পদধূলি দিয়ে ৷ কুঁহিহঁতৰ দৰে নিছলা মানুহৰ চোতালত হুঁচৰি নিষিদ্ধ ৷

ৰিম্পী গগৈ
নকছাৰি
৯১০১৮৭২০৪৩


পৃষ্ঠা ১৪
কথাগল্পঃ

এই বান্ধোন কাৰ বাবে

এহ ৰ' চোন ৰহ, কিমাননো আৰু পিঙপিঙাই ফুৰ ?, আবেগৰ ধমকিত মনে ঠেহ পাতি মৌন হৈ ৰ'ল। অলপ সময় পাছত মনে আবেগক তেল মাৰি  কলে, ঐ শুনচোন, মই দেখুন একে ঠাইত থাকিব ই নোৱাৰো। এবাৰ আকাশ, এবাৰ পাতাল, ঘৰ সংসাৰ ,মাহী পেহী ,দোকান বজাৰ, নানাতৰহৰ কত যে বঙবঙাই ফুৰো। তোৰ বাৰু মন নাযায় নে ? তেতিয়া আবেগে কলে, তই যেতিয়া ঘুৰি ফুৰ তোৰ লগে লগে ময়ো ঘুৰো তোৰ ছাঁ হৈ। নানা ধৰণৰ পৰিস্থিতিৰ লগত মুখামুখি হৈ যেতিয়া ভাগি পৰ তেতিয়াই আলফুলে সাবটি তোক শুৱাই লওঁ মোৰ হৃদয়ৰ কোঠৰিত। খঙত অগ্নিশৰ্মা হৈ জ্বলি উঠা সময়ত তোক চোচৰাই লৈ যাওঁ বিবেকৰ কাষলৈ।
মনে অলপ সময় চিন্তা কৰি থাকিল। এই বিবেকনো কোন ? মই দেখুন চিনিয়ে নাপাওঁ।তেতিয়া বিবেকে কলে, সি মোৰেই সহোদৰ।তাকো মই সদায় লগত লৈ ফুৰো। কিয় জান ?তোক শৃংখলাৰ শিকলিৰে আমি দুইটাই বান্ধি ৰাখো যাতে তই দুৰ্বাৰ ইচ্ছা আকাংক্ষাত মদমত্ত হৈ নিঃশেষ হৈ নাযাৱ। তোক আমি বহুত ভাল পাওঁ" মন"সেই বাবে...। আবেগে পুনৰ মনক কলে, চা মন তোৰ ইচ্ছা মতেই সকলো নহয়।ধ্বংস, সৃষ্টি ,অসূয়া, অপ্ৰীতি ভাববোৰ  সংযত কৰি চলিব লাগিব। সমাজ ,ভাই ককাই সম্পৰ্কীয় বান্ধোনবোৰ ধৰি ৰাখিবলৈ এৰা ধৰা প্ৰয়োজন।স্বাৰ্থপৰ হৈ এই পৃথিৱীত কোনেও একো উন্নতি সাধন কৰিব নোৱাৰে।
মনে আবেগক সাবটি মাৰি উচুপি উঠিল। হয় ,তহঁতি মোক তহঁতৰ এই মৰমৰ বান্ধোনেৰে আবৰি আছ বাবেই ছাগে সকলোৱে মাজত মানবীয়তা, আত্মীয়তা স্নেহৰ মমতা বৈ আছে। আবেগে মনক হাঁহি হাঁহি পুণৰ সুধিলে, এই বান্ধোন কাৰ বাবে ? মনে হাঁহি হাঁহি কৈ উঠিল, সমাজৰ বাবে, দহৰ বাবে যাতে সকলোৰে মনবোৰ সুস্থ হৈ পৰে। প্ৰকৃততে এটা সুস্থিৰ মনৰ পৰাহে সুন্দৰ চিন্তা শক্তিৰ উদ্ৰেক হয়। যাৰ পৰা সৃষ্টি হয় মৰম চেনেৰ আৰু আত্মিয়তা।

মিনাক্ষী গগৈ
যোৰহাট, 
জেইল ৰোড
ফোন নং--৭৬৩৬০৪৯৭৫৪


পৃষ্ঠা ১৫

অনুবাদ কবিতা ঃ

ক। জুইফুলা বসন্ত

(মূল: The Enkindled Spring by DH Lawrence  অনুবাদঃ প্ৰাণকৃষ্ণ গোস্বামী )

বসন্তৰ এই আগমনত উদ্ভাসিত সেউজীয়া প্ৰকৃতি,
মুকুতা ভৰা বৃক্ষ আৰু জুইফুলীয়া জোপোহাৰ বনৰীয়া উল্লাস,
ধোঁৱাৰ কুণ্ডলীৰ দৰে, বিৰিখ আৰু খৰস্ৰোতা ঝৰণাৰ মাজত
মালা গুঁঠিছে কাঁইটীয়া বন-লতিকাৰ জুইৰঙী ফুলৰ পাহিয়ে।

মই বিচুৰ্তি খাইছোঁ এই বসন্তৰ ৰূপ, এই প্ৰাবল্য পৃথিৱীৰ মাটিত জ্বলা সেউজীয়া জুইৰ, ক্ৰমবৰ্দ্ধিত এই অগ্নিশিখা, আৰু বন্য পাকঘূৰণিত ওফন্দি উঠা স্ফুলিংগটো,
অনেক মানুহৰ মুখ পাৰ হয় মোৰ দৃষ্টিৰ সমুখেদি।
আৰু মই, আকাশলঙ্ঘী বসন্তৰ জুয়ে সৃষ্টিকৰা কি যে এক জুইৰ ফোহাৰাৰ মাজত মই ? 

মোৰ আত্মাক এক জুইশিখাৰ
ঘেৰাৰ মাজত, চাদৰেৰে বন্ধা এটা ছায়াৰ দৰে যেন
আছাৰি থকা হৈছে, অবাটে যোৱা এটা ছায়া আৰু দিশহাৰা।

(কুৰি শতিকাৰ প্ৰথম ভাগৰ ইংৰাজ কবি- সাহিত্যিক- নাট্যকাৰ ডেভিড হাৰ্বাট লৰেন্সৰ জন্ম হয় ১৮৮৫ চনত আৰু মাত্ৰ ৪৪ বছৰ বয়সতে ১৯৩০ চনত তেওঁৰ মৃত্যু হয়।এই কম সময়ৰ ভিতৰতে তেওঁ সেই সময়ৰ সামাজিক ৰীতি-নীতিৰ বিৰুদ্ধে গৈ , ‘লেডী চোটাৰ্লীৰ লাভাৰ্চ’ কে ধৰি ভালেখিনি বিবাদিত সাহিত্যৰ সৃষ্টি কৰি গ’ল। এই বাদ-বিবাদৰ বাবেই তেওঁ স্ব-নিৰ্বাসন লৈ মেক্সিকোত থাকিবলৈ লৈছিল। বসন্ত কালত দক্ষিণ আমেৰিকাৰ কাঁইটীয়া বন-লতাত ফুলি উঠা জুইৰঙী ফুলে হাবি-বন আৱৰি ধৰাৰ উপৰিও সেই ফুলৰ পাহি বতাহত উৰি আকাশো ৰঙীন কৰি তোলা দৃশ্যৰাজীয়েই ওপৰোক্ত কবিতাটোৰ পটভূমি বুলি বহুতে ক’ব খোজে।)

প্ৰাণকৃষ্ণ গোস্বামী
গৰুগ্ৰাম (হাৰিয়ানা)
মো: ৭০০২৪০৯৬৫৫

 THE ENKINDLED SPRING
 (D H Lawrence) 

This spring as it comes bursts up in bonfires green.
Wild puffing of emerald trees, and flame-filled bushes,
Thorn-blossom lifting in wreaths of smoke between
Where the wood fumes up and the watery, flickering rushes.

I am amazed at this spring, this conflagration
Of green fires lit on the soil of the earth, this blaze
Of growing, and the spark that puff in wild gyration,
Faces of people streaming across my gaze.
And I, what fountain of fire am I among
This leaping combustion of spring? 

My spirit is tossed
About like a shadow buffeted in the throng
Of flames, a shadow that’s astray, and is lost.



পৃষ্ঠা ১৬

খ/ উপলব্ধি

মূল হিন্দী :"একএহসাস" গুলজাৰ  
অসমীয়া : জয়ন্তীমালা বৰপূজাৰী

ভাবিছোঁ,
বন্ধুহঁতৰ ওপৰত এটা
মোকৰ্দমা ৰুজু কৰোঁ,
এই সুযোগতে নিৰ্দ্ধাৰিত তাৰিখত 
কাৰোবাক লগতো পাম  !

বিশেষ একো সলনি নহয়
বয়স বাঢ়িলে,
মাত্ৰ, লৰালিৰ অৰিয়াঅৰি
বুজা-পৰাত সমাহিত হয়  !

হে জীৱন, 
তুমি যিমানেই সুন্দৰ 
নোহোৱা কিয়,
প্ৰফুল্লচিত্ত বন্ধু অবিহনে
একোৱেইচোন ভাল নালাগে  !

মই লিখা কথা
সকলোৱে বুজিব নোৱাৰে
কিয়নো,
মই লিখোঁ উপলব্ধি
আৰু, মানুহে পঢ়ে শব্দ   !

শব্দৰো 
সোৱাদ থাকে,
বিলোৱাৰ আগতে এবাৰ 
জুতি লৈ চোৱাও দৰকাৰ   !

প্ৰায়ে সেইটো চাকিয়েই
হাত জ্বলায়,
যিটোক আমি বতাহৰপৰা
ৰাখোঁ বচাই   !

বহি পৰোঁ
মাটিত প্ৰায়েই
কিয়নো, ভাল পাওঁ মই 
মোৰ নিজৰ শিপা  !

আদৰি লওঁ
সকলো বিপত্তি নিজৰ বুলি
যেনেকুৱাই নহওক 
এই জীৱন, 
হয়তো মোৰেই   !

থমকি ৰৈ যায়
জীৱন 
যেতিয়া হয় ঘন বৰিষণ
পুৰণি সোঁৱৰণ ...  !

অলপ অহঙ্কাৰো
থাকিব লাগে
জীয়াই থাকিবৰ কাৰণে
বেছিকৈ হালিলে দেখোন 
সংসাৰে পিঠিখনকে
পাদপীঠ কৰি লয়  !

কোনোবাই ভাঙি দিয়া 
জীৱনৰ আউলবোৰ,
হেঁপাহ হৈছে আজি
এবাৰ মিচিকি হাঁহিবৰ  !

হাত এৰাই গ'লেও
সম্বন্ধ হেৰাই নাযায়,
সময়ৰ ডালৰপৰা 
মুহূৰ্ত ছিঙা নাযায়  !

সন্ধিয়াৰেপৰা মোৰ 
চকু যেন সেমেকা,
তোমাৰ অভাৱত 
পুনৰ মন যেন গোমোঠা   !

নিজৰ ভিতৰৰ শিশুটিক 
ৰাখিবা জীয়াই সদায়,
প্ৰয়োজনাধিক বুদ্ধিয়ে 
জীৱনক নিস্তেজ কৰায়   !

সমুদ্ৰক বিচাৰে ... নদীয়ে ...
কিয় বা ... !!
পানীৰ বাবে পানীৰ  ...
এয়া কেনে ... তৃষ্ণা ... !!


পৃষ্ঠা ১৭

কবিতাঃ

লঠঙা গছত সেউজীয়া ওৰণি টানি...

ৰীতা বৰুৱা

ঋতুৱে চকুলো সামৰি
বতাহত শেৱালিৰ সুবাস ঢালিলে
শুভ্ৰ সুকোমল কুঁৱলীৰ 
ৰুনুক-ঝুনুক শব্দত চাপৰিয়ে চাপৰিয়ে
কঁহুৱাই হালি-জালি নাচিলে

আৰু এদিন শেৱালিৰ সুবাস হেৰায়
সৰাপাতৰ বিননিত কঁপি উঠে সময়
আহে বসন্ত
লঠঙা গছত সেউজীয়া ওৰণি টানি
গায় জীৱনৰ জয় গান

এনেকৈয়ে সলনি হয় সময়
সলনি হয় প্ৰকৃতিৰ ৰং-ৰূপ
সলনি হওঁ তুমি মই
সুখৰ চোতালখনত লহ্‌পহাই গজি উঠে
দুখৰ দূবৰিবন
আজিবোৰ কালি হয়
কালিবোৰ পৰহি
শৈশৱ-যৌৱন স্মৃতি হয়
স্মৃতিৰ বোকোচাত জীৱন ।
               

পৃষ্ঠা ১৮

সময়

মীনাক্ষি ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী ।

কিয়নো ইমান দুৰ্বাৰ হেঁপাহ
অন্তৰ ইমান ব্যাকুল তোমাৰ বাবে
সমস্ত হৃদয় উজাৰ কৰি
তোমাৰ হাতত দিছোঁ মোৰ সৰ্বস্ব
তুমি মোক উপেক্ষা কৰি
হেৰাই গৈছা অন্য এক জগতত ।

হয়তোবা তোমাৰ জীৱনতো
আছে দুখ আৰু গভীৰ বিষাদ
অনেক আঘাতে শিলাময় কৰিছে
তোমাৰ কুসুম-কোমল হিয়া ।

বুকুতে সামৰি থোৱা আলফুলে সযতনে
সময়ে পলস পেলায় স্মৃতিৰ পথাৰত
অসমান ৰেখাবিলাক হ‌ই যায় মসৃণ
দিনযাপনৰ ক্লান্তি ফুটি উঠে মুখাৱয়বত
কতকালৰ নিসৰ্গৰ অহা-যোৱা চকুৰ আৱেশত । 

মোৰ মনৰ দিগন্ত-বিস্তৃত আকাশত
তোমাৰ উপেক্ষাকো উপেক্ষা কৰি
উজলি আছা তুমিয়েই—
প্ৰেম আৰু প্ৰতিশ্ৰুতিৰ
এক অনিৰ্বাণ শিখা হ‌ই ।


পৃষ্ঠা ১৯

 কপৌফুল বোৰ মৰহি যোৱাৰ আশংকাত 

চেঙেলীয়া সপোন এটাই 
এৰাল চিঙা বতৰত 
কপৌফুল কেইপাহলৈ 
বৰকৈ চকু  গৈছিল ।
কোনেও নেদেখাকৈ 
ঘনাই হিচাপ কৰিছিলোগৈ 
কেইপাহ ফুলিছে বুলি ।

আঙুলিৰ পাবত 
দিনবোৰ গণি গণি আমনি লাগিছিল
তোমাৰ খোপা শুৱনি নকৰাকৈয়ে 
কপৌফুলবোৰ 
মৰহি যোৱাৰ আশংকাত 
বুকুত নিৰৱে সহিছিলো 
এটা বিষ ।

কুলি জনীয়ে 
উতলা কৰিছিল মন 
কেতেকী জনীয়ে পৰে পৰে ভাঙিছিল 
শান্তিৰ ঘুমটি 
শেতেলিত ইলুটি সিলুটি কৰি 
দিনবোৰ আকৌ গণিছিলো 
আঙুলিৰ পাবত । 
মনে মনে আওঁৰাইছিলো 
তোমাক নাচনী সাজত 
চোতাললৈ আদৰি অনা
এটি বতৰৰ গীত । 

নাজিতৰা ঐ নাজি তৰা ঐ
আহাঁ নাচি নাচি বিহু তলিলৈ ।

দুষ্যন্ত এম বৰুৱা 


পৃষ্ঠা ২০

আলফুল হেঁ‌পাহ

বৰ আলফুলকৈ ৰাখিছো সেই আদৰুৱা ক্ষণবোৰ,
মেঘালী চুলিৰ সেন্দূৰীয়া বাটত 
সেইযে তুমি নতুনকৈ জী উঠিছিলা 
তাজমহল এটি সাজিব পৰাকৈ  ভৰপুৰ আছিলা ,
পিচে ঈশ্বৰে নেমানিলে
কলিজাত প্ৰেমৰ সৌধ এটি সাজি
মইহে  নিতৌ তাৰে অভিসাৰিকা ।
(ধুমুহাৰ প্ৰবাহক কেতিয়ানো আদৰিলা গমেই নেপালো)
হাৰলি কথাৰ থুনপাক সময়বোৰ
পকমৌৰ দৰে ৰসাল হৈ পৰিছিল,
প্ৰজাপতি জোনবাইৰ কোমল হেঁপাহবোৰ
বগুৱা বাইছিল মোৰ ৰাঙলী ৰেঘাত।
আদৰুৱা নিশাৰ সবল পাশত
দুয়ো দুয়োৰে উশাহ গণি গণি 
স্নিগ্ধ জোনাক  চাওঁতেই
পলকতে খহি গ'ল আয়ুসৰ সেন্দূৰীয়া আলি ।
প্ৰতিটো বহাগৰ চতুৰ্থ দিনত
দুপৰতে ডুবযোৱা  বেলিটোক ধিয়াই 
হাচনাহানাৰ সুবাস চটিয়াওঁ‌
নিস্তব্ধ মোৰ হিয়াৰ পদূলিত।
বুকুৰ খৰিকাজাঁ‌ইক গোপনে ৰাখি
নিতৌ বুটলি লওঁ‌
 আলফুল হেঁপাহৰ মাধৈমালতী।

বাসন্তী ফুকন
ডিব্ৰুগড়
ভাম্যভাষ-৯৯৫৪৭১৪২৫১

পৃষ্ঠা ২১

বুজাও কেনেকৈ !

কিমান ভাল পাওঁ বুলি ক'লে তুমি মোৰ হ'বা ?

কৰ্তব্য বা দায়িত্বৰ এক নিলাজ আখ্যা দিব নিবিচাৰো
য'ত প্ৰয়াসবোৰ সুপ্ত হৈ পৰে কঁঙাল বসন্তত !

ধুমুহা আহে 
ধুমুহা যায়
ধ্বংসৰ আঁৰত জানো কি কৈ যায় !

মৰমবোৰ ৰৈ যায় মাথো এখন উদাৰ হিয়াৰ সন্ধানত।

তোমাৰ ছাগে মন যায়
সেই লাভ ইন ট'কিঅ' চিনেমা খনৰ দৰে হিৰ' হিৰ'ইন হ'বলৈ

আৰু মই...

জেপত এটা ফুটাকৰি নোহোৱাকৈ তোমাৰ প্ৰেমৰ বজাৰ খনত সোমাই পৰিলো
আৰু সুধি পেলালো 
কিমান ভালপাওঁ বুলি ক'লে তুমি মোৰ হ'বা ?

নিশাবোৰ এনেকৈয়ে শেষ হৈ যায়
চিনাকি মনৰ আপোন গোন্ধবোৰ বিচাৰি 
শান্ত দেহৰ অশান্ত মনবোৰ সামৰি।

কিজানি এদিন আহি কোৱাহিয়ে
মই তোমাৰ কবিতাবোৰৰ শব্দ হ'ব বিচাৰোঁ।

সেই দিনাই নিলাজ ৰ'দত লুকাই লাজুকি বৰষুণ 
মিলনৰ বতৰা 
বিলাই
মিচিকি হাঁহিৰে নাচি 
উঠিব
ৰামধেনু ।
                
পৰিস্মীতা পৰাশৰ


পৃষ্ঠা ২২

অমানিশা

যোৱা ৰাতিৰ কথা
আন্ধাৰ উপচি পৰি জোনাক
অপসৰণ কৰাৰ গাথা।
পিছে বেছিদিন পলুৱাই কৰি
ৰাখিব নোৱাৰে,
সেই কথা সিয়ো ভালদৰেই জানে।
বহুদিনীয়া মদ ঢালি ঢালি
আন্ধাৰক ৰাগীয়াল কৰিছিল
শেষ ৰাতিৰ সংকেত দিছিল
ভোৰৰ পাখিবোৰে,
অচিনাকি নম্বৰ এটা মবাইলৰ স্ক্ৰীনত
মৃত বুলি ঘোষণা কৰা এজনৰ মাত,
"হেল্লো, হেল্লো"
তাৰ মাতত ৰাগ আছিল
আন্ধাৰ হওঁতে সেই মদ তেওঁয়ো গিলিছিল
সেই মৃত লোকজন আকৌ জীয়াব বিচাৰিল !

আমিৰ ছোহেল
হাটচিঙিমাৰি, ৭৮৩১৩৫


পৃষ্ঠা ২৩

এজাক ধুমুহা

চন্দ্ৰকলাৰ দৰে বাঢ়ি অহা সুখবোৰ আপদীয়া এজাক ধুমুহাই গছপাত কঁপোৱাদি কঁপাইছিল
মঙহা ফল খোৱা এজাক ভোকাতুৰে, দাঁতেৰে কামুৰি ভৰাইছিল বিষ 
বাদুলিয়ে চিঞৰা ৰাতি ,আঁউসীৰ ক'লা দাগ লাগি সুখবোৰত কেহেৰাজবুলীয়া ৰং ধৰিছিল 
 কোন সঁচা
কোন মিছা 
মৰমবোৰ জানো মিছা আছিল  ,দুৰদীয়া কেঁচা ৰ'দত শুকাবলৈ
মাকক হেৰুৱাই হেম্বেলিয়াই থকা চেউৰী পোৱালী মাতত ,সাৰ পাইছিল ভঙুৱা শিৱ
বিষ পান কৰি কৰি ভাগৰি নপৰা নিলকণ্ঠক ,দেখি ক'ব পাৰি
শিৱ ,সতীৰ বাবেহে বলিয়া হৈছিল
পাৰ্বতীয়ে ,শিৱৰ কাৰনে পুনৰ জন্ম লৈছিল।

ৰূপজ্যোতি হাজৰিকা দত্ত
দূৰভাষ-৮৮৭৬৪৮০৫৮৭


পৃষ্ঠা ২৪

বেদনাৰ শব্দ

কবিতাৰ মৃত চহৰত
অপ্ৰাসংগিক শব্দৰ সমাহাৰ।
শব্দবোৰে বেদনা বুকুতলৈ 
চিঞৰি আছিল।
নুবুজিলো সিঁহতৰ কিনো হৈছিল
কিছু শব্দই গাই আছিল
বিষাদৰ গান।
কাৰণ সিহঁতৰ অন্তৰত 
নাই আজি আৱেগৰ প্ৰাণ।
আৱেগ ঢালি দিবলৈ
নাই মানুহৰ গান।।

জিমিৰেখা শৰ্মা
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়
৮৬৩৮৭৩৯৬৫৪...


পৃষ্ঠা ২৫
পাত

লক্ষী প্ৰসাদ ৰেগন

হুলে বিন্ধা পাতত মাখি হৈ পৰিলো
বুকুৰ পৰা তেজ অকণ নিগৰি অহা দেখি বুজি উঠিলো
মই এতিয়াও জীয়াই আছো

বেলিৰ নিদ্ৰা ভঙ্গ হোৱাৰ আগে শিল হৈ
পৰি আছিলো
গাভৰুজাকে নদীত ভৰি দিওঁতে মই মৃত শামুকৰ খোলাত
নিজকে আৱিষ্কাৰ কৰিছিলো
খেলালিজালে বামলৈ টানি আনি মোকো মৃত সজালে

পাত এখিলাত পৰুৱা এটাৰ জীৱন ৰক্ষা পৰা দেখি
তবধ মানিলো। এৰা, জীৱন ক'ত নাই

সামান্য এখিলা পাত...


পৃষ্ঠা ২৬

ব'হাগ

তই আহিলে 
যাযাবৰী অভিমান বোৰ এৰি
যন্ত্ৰণাৰ ঠিকনা পাহৰি 
বুকুৰ পদুলিত ফুলাব পাৰি
নাহৰ ,তগৰ ,খৰিকাজাই ।
তই পিন্ধালেই পিন্ধিব পাৰি
ভালপোৱাৰ এটি চোলা 
গাব পাৰি সম্প্ৰীতিৰ একোটি গীত ।
তই আহিলে 
বিহুৱতীৰ লাহি আঙুলিত 
জেতুকাই চুমা যাচে ।
শিপিনীৰ হাতৰ পৰশত
ফুলি উঠে হেঁপাহৰ ফুল 
সেইবাবেই তোক লৈ 
মন আমাৰ ইমান ব্যাকুল ।
বিদ্যা শপত বিশ্বাস কৰ
সৰু বৰ সকলোৰে 
হৃদয়ত মচিব নোৱাৰাকৈ
গুপুতে লিখা আছে 
তোৰ সঠিক ঠিকনা ।
সেয়ে বাৰিষাৰ ন বৰষুণ জাক 
অহাৰ পৰাই বাট চাই
আছো তোলৈ
আহিবি বুলি এজনী
সদ্যস্নাতা গাভৰু হৈ ।
নুবুজিবি তই ,তোলৈ 
কিমান ফুলাম ভালপোৱাৰে 
সজাইছোঁ হৃদয় ,
বিশ্বাস কৰ 
যদি থব খোজ একুৰিয়ামত
মই মোৰ ৰঙা কলিজাতো 
তুলি দিম তোৰ দুহাতত ।

বিজু বৰঠাকুৰ
জাঁজী জামুগুৰি
জিলা শিৱসাগৰ


পৃষ্ঠা ২৭

ব'হাগ

অ' ব'হাগ,
লৈ আহাঁ নতুন বতৰা
আশা আৰু অনুপ্ৰেৰণাৰে দিয়া আনন্দৰ বতৰা।শীতে লঠঙা কৰি যোৱা 
শুকান গছবোৰত,
ঢালি দিয়া এসাগৰ সেউজীয়া।
কুলি-কেতেকীৰ মাতত,
ঢোল-পেঁপাৰ বিনন্দীয়া শব্দত
আনন্দ উল্লাসেৰে উপচাই দিয়াচোন
সকলোৰে মন।
নাহৰ,কপৌ,তগৰৰ  সুগন্ধি বিলাই
লৈ যোৱা অপায় অমংগল।
অ' বহাগ, 
তুমি আহাঁচোন...
অকণমান মৰম, আপোন আৰু বিশ্বাসৰ 
ৰছীডাল লৈ।
আমাক আটি আটি বান্ধি থৈ যোৱা..
কেতিয়াও এৰাব নোৱাৰাকৈ।।

প্ৰণামী দেবী
তেলিয় সোণাৰী গাঁও, 
মিছামৰা, গোলাঘাট
৯৮৫৪১০০৪২২

পৃষ্ঠা ২৮

বাখৰুৱা কবিতা

আকৌ আহিল ব'হাগ 
কিমানযে হেঁপাহ 
কিমানযে আদৰৰ 
ব'হাগ মানেই প্ৰেম 
ব'হাগ মানেই প্ৰতিশ্ৰুতি 
ৰঙৰ ৰঙালীয়ে ৰং ছটিয়াই দেহে মনে,
ন আশাই পোখা মেলে হৃদয়ৰ কোঁহে কোঁহে।
এই ব'হাগতে তোমাৰ সঘন অহা যোৱা মোৰ বুকুৰ ৰংঘৰলে, 
 তুমি আহিলে কপৌ কেতেকী নাহৰ তগৰ 
মোৰ বুকুতে ফুলে।
তুমি সিঁচি দিয়া মোৰ বুকুত সাতোটা সূৰুযৰ পোহৰ, 
তোমাৰ প্ৰেমত বিচাৰি পাওঁ সেই ঠিকনা বিশ্বাসৰ।
ব'হাগৰ দুপৰত 
তোমাৰ বাঁহীৰ মধুৰ মূৰ্চ্ছনাত 
গুণগুণাম 
আমাৰ প্ৰেমৰ মালিতা, 
তোমাৰ প্ৰীতিভৰা দুহাতত তুলি দিম
মোৰ হৃদয়ৰ বাখৰুৱা কবিতা ।।

মনচুমী কলিতা নাথ


পৃষ্ঠা ২৯

সৰাপাতৰ উচুপনি

সুখৰ ওচৰলৈ যাবলৈ
ভৰি দুখন এতিয়া
অপাৰগ হৈ পৰিছে !
যন্ত্ৰনাগধূৰ হৃদয় মজিয়াত
সৰাপাতৰ খচখচনিয়ে
ফাগুনৰ ধূলিয়ৰি পথ
ক্লেদাক্ত কৰি তোলে ।
ক'ত আছে সুখৰ পিয়লা ?
পিয়লাৰ ঠুনুকা কাঁচত 
জিলিকি উঠিবনে জীৱন নদীৰ
অমৃত সম মদিৰা !

সোণাৰুৰ হালধীয়া হাঁহিত
স্বপ্নৰ পাপৰি বোৰ
সৰি পৰে বেলি অহা -যোৱা বাটত ।
বন্ধ্যা সময়ে 
শব্দৰ জৰায়ুত 
ৰোপণ কৰে 
এটি সেউজ অনুভৱ ।
হৃদয়ৰ ডালত ওলমি থাকে
ৰিক্ত -সিক্ত কিছুমান
কুঁৱলীৰ কফিন !

আবেলিৰ পথেৰে আৰু কিমান দিন ?

সুখ আৰু দুখৰ শব্দ বোৰে
অনুৰণন তোলে
সময়ৰ সুবাস আৱদ্ধ হৃদয়ত ।
মনৰ পুখুৰীটোত 
পুহি ৰখা মৰমবোৰ
চৰি থাকে সংগোপনে !
আতোল-তোল দুচকুৱে
সপোন ৰোৱে 
সোঁৱৰণীৰ সোণৰ ভঁৰালৰ 
স্মৃতিৰ খুটাত আউজি ।


অসমা টুংখুঙীয়া
নামতি ।


পৃষ্ঠা ৩০

কপৌফুলীয়া দুপাহি কবিতা

মাধুৰী  কলিতা চৌধুৰী

এক

পেঁপা টি  বাজিলে
চেনাই  আহিবনে 
কেতেকী জনীয়ে  মাতিলে আহিব !
হিয়া-কড়িত
অপেক্ষাৰ সুহুৰি ।

দুই

অ' জটাযুৰ জীয়ৰী  বৰদৈচিলা, 
তোৰ  পাখিৰ বতাহেৰে                 
উৰুৱাই  লৈ যা  
সৰাপাত হালধীয়া
স্মৃতিৰ  অঘৈয়া  হুলত
মই যে  থকা-সৰকা !

পৃষ্ঠা ৩১

বʼহাগ

কুঁহি পাতৰ মাজত
এতিয়া সেউজীয়া সপোন।
  বোকা পানীত
  তামোলৰ পিকৰ ৰং।
    আঁহতৰ তলত 
    গুম গুম শব্দ
পদূলিৱে পদূলিৱে
জাকৰুৱাৰ ৰং ধেমালি
দেহা সাত খন আঠ খন কৰা।
গানত পিৰীতি মনত পিৰীতি
এই যাওঁ এই যাওঁ
ন-পানীত সকলো যেন
উটি ভাঁহি যায়।
আকাশে বতাহে
কেউফালে উটি ফুৰে
শব্দৰ গুঞ্জন
কিযে   বিচিত্ৰ এই
বসুন্ধৰাৰ বুকুত চলি থকা
হেঁপাহৰ উৎসৱ।

ঝৰ্নালী শৰ্মা বৰকটকী
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ


পৃষ্ঠা ৩২

পিতাই

বাপতি-সাহোন সেই
নাঙলৰ সীৰলুৰ সপোনবোৰ

পুৱাৰ সূৰুযৰ আভাৰে বোলাই
সৃষ্টিৰ প্ৰত্যাশাৰে সেউজ পথাৰদৰা
সজালি পিতাই !
হালি জালি ভৰুণ হ'ল
সজাল ধৰা ধান !

আঘোণী, পদুমী হতঁৰ সেন্দুৰী হাঁহিত
কঁপি উঠিল জিৰ জিৰ সোণৰ সপোন
গালফলা ডাঙৰীবোৰ নাচে বিৰিয়াত
পাহুৱাল ৰংমন হঁতৰ বুকুত
আবেলিৰ মিঠা ৰ'দ।

এতিয়াও সেমেকা নাই নিয়ৰ  চোতাল । 
 পিতাই !
 পূৰ্ণতা পালে তোৰ
আটোম টোকাৰী গুটি ধানৰ ভঁৰালত 

এইবাৰ
মেজিৰ ৰঙা জুইৰে তেজাল কৰিম আমাৰ সপোন
ভেলাঘৰৰ মজিয়াত একেলগে খাম ভোজভাত
চিৰা পিঠা সান্দহৰ বাটিত জুখিম 
প্ৰতিটো ভোগালীৰ ভৰপক কলিজাৰ উত্তাপ ।

জান পিতাই, এনেকৈয়ে ৰঙা হ'ব
মেজিৰ ৰঙা জুই 
ঘৰৰ ভেটিত
সপোন বাঢ়িব আকোল-বিকোলকৈ 

পিতাই তই জীৱনৰ কমাৰ 
তোৰ দুহাতত সৃষ্টিৰ আহ্লাদ 
 চা পিতাই তোৰ সপোন পৈণত 

পিতাই আমিও সাৰে আছোঁ
তোৰ সপোনৰ সতে...

দৃষ্টিৰূপা বৰদলৈ
বোকাখাত


পৃষ্ঠা ৩৩

অনুভৱঃ

এজোপা গছ, এখন নদী,
এখন হৃদয় আৰু কিছু খণ্ড চিত্র

স্তৱক এক : 
                 এজোপা গছ লাগে । ৰ'দ বৰষুণক আওকাণ কৰি সাহস হৈ ধৰা দিবৰ বাবে  এজোপা বট  বৃক্ষৰ বৰ প্ৰয়োজন । যাৰ  ছাঁত  সাৰ পাই উঠিব হাজাৰ সপোনে । সপোনবোৰ পোখা মেলি এদিন বাস্তবতাৰ বাট  দেখিব । সফল জীৱনৰ সন্ধানৰ বাবে বৰ প্ৰয়োজন এজোপা বট বৃক্ষৰ । 

স্তৱক দুই : 
              ‌  কিছূমান কথা থাকে একান্ত‌ই ব্যক্তিগত । ডায়েৰীৰ বুকুত  আকি  ৰাখিবলৈয়ো ভয় লাগে । এই যান্ত্রিক পৃথিবীৰ কোন হব  পাৰে সম্পূর্ণ বিশ্বাসী ! আছে , উদাৰতাৰে ভৰপুৰ নদীখনে কঢ়িয়াই ফুৰে হাজাৰ জনৰ কাহিনী ।সাক্ষী হৈ ৰয় বহুতো চঞ্চল মনৰ যন্ত্রণাৰ গুনগুননি ।  

স্তৱক তিনি : 
                   নীলাৰঙী  হৃদয়খন নীলাৰে ভৰপুৰ কৰি ৰাখিবৰ বাবেই  প্ৰয়োজন এজোপা বট বৃক্ষৰ , এখন নদীৰ । হৃদয়খনো যে ইমান আকলুৱা । যেন নিয়ৰৰ কণা হে ! কাৰোবাৰ কোমল স্পৰ্শতে ভুলুণ্ঠিত হৈ পৰে । 

স্তৱক চাৰি‌ :
                  "জীৱন "
                    কি কম ? ইয়াক জ্যামিতিক সূত্ৰৰে জানো বান্ধিব পাৰি ? ই যেন কেৱল অনিশ্চয়তাৰ নুবুজা সাঁথৰ । নিজান ৰাতি নিসংগ মূহুর্ত বোৰত ভাহি আহে  -
                   আয়ে ৰান্ধনিশালত শিকোৱা জীৱনৰ প্ৰথম বৰ্ণমালা । দেউতাই শিকোৱা মানুহ হোৱাৰ শিক্ষা । কেতিয়াবা শিপা ছিঙাৰ উপক্রম হলেই মনত পৰে সহজ সৰল কৃত্রিমতাহীন তেওঁ লোকৰ আত্মভিমানী মনটোত হৃদয় আৰু বিবেকৰ টনা - আঁজোৰা । বাস্তৱ আৰু সপোন কাক লৈ জীৱন আগুৱাম ? এফালে হৃদয়ৰ তথাপি আনফালে বিবেকৰ বাধা । যে কল্পনাবোৰ সামৰি থ'ব নোৱাৰি । সৰল মুখাৱয়বৰ আগমনৰ পাছত মানি ল'ব  লগা হয় বাস্তৱতাক । উজায় আহে  ডিঙিৰ গুৰিলৈ  নোৱাৰা দীঘল হুমুনিয়া । যন্ত্রণাৰে পিষ্ট কৰা কলিজাত পুনৰ স্থাপন কৰিব লগা হয় তগৰৰ সুবাস ।

স্তৱক ছয় : 
                ব্যস্ততা ! অস্থিৰতাৰ যেন শেষ আশ্বাস । সচাঁকৈ ইমানেই  ব্যস্ত নে আমিবোৰ ? নে ব্যস্ততা কেৱল মাত্র এটা অজুহাত । যিয়ে নহওক ইয়ে যদি হয় মহৌষধ তেন্তে পাণ কৰিম ব্যস্ততাক । জন্মভূমিতে  চোন মাটি খামুচি ধৰিব নোৱাৰি উভালি পৰিব খোঁজো তথাপি চোন আমুখাৱয়ব ।

স্তৱক সাত:
                 ফাগুন হোৱাৰ হেপাঁহ এটা 
                 মনৰ মাজত পোখা মেলে 
                 ফাগুন ইমান আত্মত্যাগী
                 কিন্তু আমি .........! কাষৰ ফালেই  চাব  বিচাৰোঁ। হৃদয়, বিবেক , কল্পনা , বাস্তবতাক একাকাৰ কৰি নিৰ্মাণ কৰিব বিচাৰো সপোনৰ সু-উচ্চ পৰ্বতমালা ।


অনু দত্ত
ধেমাজি মহাবিদ্যালয়



পৃষ্ঠা ৩৪

বসন্তৰ ৰং,
         আমি আৰু কিছু অনুভৱ
                              
 ফাগুনী পছোৱা জাকে পলাশত ৰং ঢালি
 ব'হাগ তোক  আদৰে হৃদয়ৰ নঙলা খুলি।
 ডালে ডালে ফুটি উঠিল সেউজী কোমল কুঁ‌হি
 সাৰ পাই মিচিকি হাঁ‌হে কপৌ, তগৰ পাহি।

         সঁচাকৈয়ে, বসন্তৰ পৰশ পাই ন ৰূপেৰে উজ্জ্বলি উঠিছে প্ৰকৃতি ৰাণী। বিৰিখে বিৰিখে  সেউজী বৰণ সলাই প্ৰকৃতি হৈ পৰিল এতিয়া ভৰ যৌৱনা। ফাগুনৰ পছোৱা জাকৰ সৈতে  ৰিবৰিব মলয়াৰে বৰদৈচিলা জনীও আহিল বসন্তক  স্বাগতম জনাই। মেঘৰ মাদল বজাই বিজুলী চমকেৰে  শীতল বৃষ্টিপাতেৰে  প্ৰকৃতি নোৱাই -ধোৱাই ন ৰূপেৰে  সজাই থৈ গ'ল। কুলি কেতেকীৰ কাকলিয়েও  সকলোকে  জনাই থৈ গ'ল  ব'হাগী অহাৰ বাতৰি। পাতৰ আঁ‌ৰত লুকাই ফুলিল সুগন্ধি কেতেকী। তগৰ- নাহৰৰ আমোল মোল সুবাসেৰে মন ৰাই জাই কৰা বতৰতে লাজুকী কপৌ পাহি খোপাত গুজি ৰচকী নাচনী জনীও সাজু হ'ল এপাক নাচো বুলি। ঢোল- পেঁ‌পাৰ লহৰ তুলি ঢুলীয়া ককাইও সাজু হ'ল নাচনীক নচুৱাবলৈ। হেঁপাহৰ তাঁতশালত চেনাইলৈ বুলি বিহুৱান ব'বলৈ সাজু হ'ল চেনেহী জনীও। ব্যস্ত হৈ পৰিল মিঠা কোলাহলেৰে  গাঁৱৰ ঢেকীশাল বোৰ। খুড়ী বৰমাহঁ‌তৰ আখল বোৰ ভৰি পৰিল ভিন্ন স্বাদৰ পিঠা -পনা আৰু লাৰুৰ জুঁ‌তিৰে। এনেদৰেই সকলোৰে হৃদয়ে হৃদয়ে  প্ৰাণ পাই উঠে বাপতিসাহোন ৰঙালীৰ উৎসাহ।

            বিগত বছৰটি অনাকাংক্ষিত কৰ'ণা  মহামাৰীয়ে যি তাণ্ডৱৰ সৃষ্টি কৰি গ'ল, মৃত্যুৰ কিৰীলিয়ে কঁ‌পাই যোৱা সময় খিনি  মনত পৰিলে আজিও ভীতিগ্ৰস্ত হয় সমাজ।  বৰ্তমান ক্ষণতো  যদিওবা  ৰঙালীৰ উৎসাহত উৎসাহিত আমি তথাপি যেন ক'ৰবাত মুক্ত মনে এই উৎসৱৰ আনন্দ অলপ হ'লেও ম্লান পৰা যেন অনুভৱ হয়। যি সময়ত  আমাৰ মনবোৰ প্ৰকৃতিৰ লগে লগে ৰঙিয়াল হ'ব লাগিছিল, সেই সময়ত আমি আছো এক শংকিত পৰিস্থিতিৰ সৈতে যুঁজ বাগৰ কৰি। তথাপি আমি উৎসাহী; কিয়নো  অসমীয়া জাতিৰ আয়ুস ৰেখা  ৰঙালী বিহুটিৰ প্ৰতি  আমাৰ সকলোৰে অন্তৰত আছে এক বুজাব নোৱাৰা টান। ই হ'ল অসমীয়াৰ আৱেগ, অসমীয়াৰ প্ৰাণ। অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সৈতে  যুঁজি ভাগৰি নপৰি আমি সকলোৱে চেষ্টা কৰো বিহুটিৰ ঐতিহ্য আৰু পৰম্পৰাক অক্ষুণ্ণ ৰাখিবৰ বাবে। সেয়েহে বৰ্তমান সময়ত এনে পৰিস্থিতিৰ  মাজতো নিজকে বচাই উৎসৱৰ আনন্দ লোৱাটোহে সমীচীন হ'ব। হেঁপাহৰ উৎসৱটি  বিষাদ ভৰা  সপোনলৈ  থেলি নিদি  প্ৰত্যাশাৰ ৰং সনা  সেউজীয়া সপোনলৈ  ৰূপান্তৰ কৰিব লাগিব। ইয়াতে প্ৰাণ পাই উঠিব অসমীয়াৰ সাহস আৰু স্বাভিমান। বিহু গীতত গোৱাৰ দৰে-
            বিহুটি নামেৰে তিনিটি আখৰে
                             কোনে লিখি গ'ল  শিলত
             ঘূণেও নধৰে মামৰেও নধৰে
                             থাকিল অসমীয়াৰ মাজত।

সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছাৰে...

ৰীপা দোলাকাষৰীয়া
মাজুলী, ফোন  নং- ৭৫৭৮৮০২৮৩৭


পৃষ্ঠা ৩৫

ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী :  ১৩
২য় খণ্ড

'মেক্লোডগঞ্জ ধর্মশালা'

শর্মীষ্ঠা বর্মন, নতুন দিল্লী

         'খজ্জিয়াৰ'ৰ পৰা ওলাই অহা বাটটোত যথেষ্ট অঁকোৱা-পকোৱা আছিল ৷ কিছুদূৰ বাট কেঁচা আছিল যদিও লাহে লাহে পকী ৰাস্তা   পালোঁ ৷ এফালে প্রকাণ্ড পাহাৰ আৰু আনফালে পাহাৰৰ দ' নামনি ৷ গতিকে ভয় লগাটো স্বাভাৱিক কথা ৷ তেনেতে হঠাতে পাহাৰৰ ওপৰত সুন্দৰকৈ নির্মাণ কৰা শিৱৰ প্রকাণ্ড প্রতিমূর্তি এটাত চকু পৰিল ৷ বাটটো অঁকোৱা-পকোৱা হোৱা বাবে বহুদূৰ আগবাঢ়ি অহাৰ পাছতো সেই প্রতিমূর্তিটো দেখা পোৱা গৈ আছিল ৷ প্রাকৃতিক সৌন্দর্য্যবোৰ উপভোগ কৰি কৰি আমি ভাবিলোঁ একেদিনাই দিল্লীলৈ গুচি যাম ৷

          আমাৰ দুয়োখন গাড়ী অগা-পিছাকৈ চলি আছিল ৷ এটা সময়ত আমাৰ বাহন চালক দুজনে জনালে যে একেকোবে দিল্লী গৈ পোৱাটো অসম্ভৱ হ'ব ৷ ইতিমধ্যে বৰ ভাগৰ লাগিছে ৷ ৰাতি চকুত টোপনিয়ে হেঁচা মাৰি ধৰিলে কথা বিষম হ'ব ৷ লগত কণ কণ ল'ৰা-ছোৱালী আৰু বয়সীয়াল লোক আছে ৷ গতিকে 'ধর্মশালা' নামৰ ঠাইত ৰাতি থকাৰ কথা ক'লে ৷ তেওঁলোকৰ কথা শুনি মোৰ মনৰ ভ্রমণ বলিয়ালিয়ে পুনৰ উক দিয়া যেন অনুভৱ কৰিলোঁ ৷ তেতিয়া বেলি লহিয়াবৰ সময় হৈছিল ৷ আমি  'ধর্মশালা' প্রৱেশ কৰাৰ লগে লগে মই মাত লগালোঁ , " আহিলোঁ যেতিয়া 'মেক্লোডগঞ্জ' চাই যাওঁ " ৷ কোনোৱে কোনো ধৰণৰ প্রশ্ন উত্থাপন নকৰাকৈ মোৰ প্রস্তাৱ গৃহীত  হ'ল ৷ কাৰণ 'ধর্মশালা'ৰ পৰা 'মেক্লোডগঞ্জ'ৰ দূৰত্ব মাত্র পাঁচ কিঃমিঃ ৷ পাহাৰৰ ওপৰলৈ উঠি গৈ থাকোতে তললৈ চাই চাই অনুপম প্রাকৃতিক সৌন্দর্য্য উপভোগ কৰিছিলোঁ ৷ ওপৰলৈ চালে বেলিটোৱে আকাশত সৃষ্টি কৰা এক নৈসর্গিক শোভা দেখিবলৈ পাইছিলোঁ ৷ লাহে লাহে আমি 'মেক্লোডগঞ্জ' এলেকাত প্রৱেশ কৰিলোঁ ৷ কিন্তু আমাৰ বাহনৰ গতি ক্রমান্বয়ে কমি আহিবলৈ ধৰিলে ৷ আৰু এটা সময়ত যানজঁটৰ এনে এক চক্রুব্যুহত সোমাই পৰিলোঁ , ওলাবলৈ কোনো বাটেই বিচাৰি নাপালোঁ ৷ আগলৈকো যাব নোৱাৰি , পিছুৱাই আহিবও নোৱাৰি ৷ প্রায় এঘণ্টামান পাছতহে শামুকীয়া গতিত যান-বাহনবোৰ চলিব ধৰিলে ৷ এই শামুকীয়া গতিত 'মেক্লোডগঞ্জ' ঠাইখন চোৱা আৰু তাৰ বিখ্যাত 'মনেষ্ট্রিবিচাৰি উলিওৱাটো অসম্ভৱ কথা ৷ গতিকে সেই চক্রব্যুহৰ পৰা যিফালৰ পৰা ওলাব পাৰি সিফালৰ পৰা ওলাই অহাটোৱে শ্রেয় ৷ ইফালে আমাৰ সকলোৰে ভাগৰত দেহা জুৰুলা হ'ব ধৰিছে ৷ যেনে তেনে কৰোবাত হোটেল এখন পালেই ৰক্ষা !  বহুপৰ সংঘর্ষৰ পাছত সেই যানজঁটৰ চক্রুব্যুহৰ পৰা ওলাই পাহাৰৰ নামনিলৈ আহি 'ধর্মশালা' পালোঁ ৷ তাত কেবাখনো 'হোটেল'ত সোধ-পোছ কৰাৰ পাছত এখন ভাল 'হোটেল'ত দুটা 'ৰুম' পাইহে যেন সকাহ পালোঁ ৷

        গা-পা ধুই জিৰাই-শঁতাই ৰাতিৰ আহাৰ গ্রহণ কৰি থকাৰ সময়ত পৰিকল্পনা কৰা হ'ল যে পুৱা যিসকল সোনকালে উঠিব সেই সকলক লৈ আমি 'মেক্লোডগঞ্জ''মনেষ্ট্রি' চাই আহিম ৷ যিসকল উঠিব নোৱাৰে সেইসকল 'হোটেল'তে থাকিব ৷ পুৱতি নিশাতে মই গা-পা ধুই প্রস্তুত হ'বলৈ লওঁতে দেখিলো এজন এজনকৈ আটাইকেইজন সদস্য যাবলৈ প্রস্তুত হৈছে ৷ আনকি আটাইতকৈ বয়োজ্যেষ্ঠ মোৰ শহুৰ দেউতা আৰু মোৰ নিজৰ দেউতাও প্রস্তুত হৈ পৰিল ৷

            আমি প্রথমতে গ'লোঁ Bhagsu Waterfall চাবলৈ ৷ এই নিজৰাৰ পানী বাগৰি অহা ধ্বনিত সঙ্গীতৰ এক মধুৰ তৰঙ্গ বাজি উঠে ৷ অৱশ্যে আমি যোৱাৰ সময়ত নিজৰাৰ পানীৰ ধাৰা কম আছিল ৷ নিজৰাৰ নিচেই কাষত 'ভাগ্সু' নামৰ এটি শিৱ মন্দিৰ আছে ৷ পুৰণি তথ্যমতে এই নিজৰাৰ পানীক লৈ নাগদেৱতাৰ সৈতে ৰজা ভাগ্সুৰ যুদ্ধ হৈছিল ৷ সেই যুদ্ধত ৰজা হাৰিল যদিও নাগদেৱতাই ৰজাক ক্ষমা কৰি ৰাজ্য ঘূৰাই দিলে ৷ তেতিয়া ৰজাই এই ঠাইত মন্দিৰটো সজায় ৷ এই নিজৰাৰ পানী বৰ মিঠা ৷

        McLeod Ganj ৰ কাষত ১৮৫২ চনত গভর্ণৰ জেনেৰেল লর্ড এলগিনে বৰ সুন্দৰ এটি গীর্জাঘৰ সজাইছিল ৷ সময়ৰ অভাৱত আমি গীর্জাঘৰটো চাবলৈ যাব নোৱাৰিলোঁ ৷

          McLeod Ganj হিমাচল প্রদেশৰ 'কাংগ্রা' জিলাৰ 'ধর্মশালা' নামৰ ঠাইৰ নিচেই কাষত থকা এক 'হিল ষ্টেচন' ৷ তিব্বতী লোকৰ বর্দ্ধিত জনবসতিৰ বাবে ইয়াক Little Lhasa অথবা Dhasa বুলিও জনা যায় ৷ 'মেক্লোডগঞ্জ'ৰ এই পাহাৰত তীর্ব্বতৰ বৌদ্ধ ধর্ম্মাৱলম্বী লোকৰ বিখ্যাত 'মনেষ্ট্রিআছে ৷ ইয়াতে বুদ্ধ ধর্ম্মৰ চতুর্দশ গুৰু দালাই লামা আৰু তেওঁৰ অনুগামীসকলে শৰণাপন্ন হোৱা বাবে এই ঠাইডোখৰ পৃথিৱী বিখ্যাত হৈ পৰিল ৷ তিব্বতী লোকসকলৰ বাবে ই এক অন্যতম পৱিত্র স্থান ৷ ইয়াত Tibet Museum , Namgyal Gompa আৰু Tsuglag Khang নামৰ মন্দিৰ আছে ৷ চাৰিওফালৰ পৰা শৃঙ্খলাৱদ্ধ হৈ বহি থকা লামাসকলৰ প্রার্থনাৰ ধ্বনিয়ে 'মনেষ্ট্রি'ৰ পৰিৱেশ ভক্তিময় কৰি তুলিলে ৷ প্রার্থনাৰ স্বৰৰ ধ্বনি গুঞ্জৰিত হৈ থকা সত্বেও ; 'মনেষ্ট্রি' দর্শন কৰিবলৈ অহা বহু লোকৰ সমাগম হোৱা সত্বেও 'মনেষ্ট্রি'ৰ ভিতৰত এক অতুলনীয় প্রশান্তি বিৰাজমান হৈ আছে ৷ এইখিনিতে এটা কথা মনত পৰিল ৷ মই ২০০৩ চনত দিল্লীত  চাকৰিত বাহাল হ'বলৈ আহি দুবছৰ কাল মন্দিৰ মার্গৰ Swati Working Girl's Hostel ত আছিলোঁ ৷ 'হোষ্টেল'টোৰ এফালে আছে মন্দিৰৰ টিলিঙাৰ শব্দ আৰু সৰহ সংখ্যক বঙালী দর্শনার্থীৰে ৰজনজনাই থকা কালি বাড়ী ৷ আনফালে আছে দেশৰ বিভিন্ন স্থানৰ পৰা অহা দর্শনার্থীৰে ঠাহ্ খাই ভৰি থকা বিৰলা মন্দিৰ ৷ এই বিৰলা মন্দিৰ আৰু আমাৰ 'হোষ্টেল'ৰ ঠিক মাজৰ অংশত বুদ্ধ ধর্ম্মৰ এটি মঠ আছে ৷ তাৰ ভিতৰত প্রৱেশ কৰাৰ লগে লগে অনেক দর্শনার্থী থকা সত্বেও হঠাতে যেন পৃথিৱীখন 'কাঁহ পৰি জীণ যোৱা যেন' লাগে ৷ গতিকে 'মনেষ্ট্রি' বা বৌদ্ধ মঠ বুলিলে  প্রশান্তিৰ স্থান যেন অনুভৱ হয় ৷

  'মনেষ্ট্রি'ৰ পৰা নামি আহি আমি 'ধর্মশালা''ষ্টেডিয়াম' চাবলৈ গ'লো ৷ এই 'ষ্টেডিয়াম'খনো বৰ ডাঙৰ আৰু ধুনীয়া ৷ 'ষ্টেডিয়াম'ৰ চকীবোৰত বহিলে সন্মুখৰ পাহাৰৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায় ৷ ক্রিকেট খেল খেলি ভাল পোৱা মোৰ পুত্রৰ বৰ হেঁপাহ আছিল এই 'ষ্টেডিয়াম'খন চোৱাৰ ৷ তাৰ হেঁপাহ পলুৱাই আৰু মোৰ ভ্রমণ বলিয়ালিৰ ভাৱবোৰ ক্ষান্ত কৰি এইবাৰ আমি দিল্লী অভিমুখে ৰাওনা হ'লো ৷

সুদীর্ঘ বাটচোৱাৰ মাজতে 'বগলা মুখী' নামৰ বহু পুৰণি মন্দিৰ এটা চকুত পৰাত গাড়ীখন 'পার্ক' কৰি তাতো পাক এটা মাৰিলোঁ ৷ তাৰ পাছত সম্পূর্ণ ছদিনৰ মূৰত দুপৰ নিশা ঘৰ আহি সোমাই আমি আমাৰ যাত্রাৰ সাময়িক পৰিসমাপ্তিৰ ঘোষণা কৰিলোঁ ৷


পৃষ্ঠা ৩৬

নীলাখামৰ চিঠি ঃ

মৰমৰ ৰাজ,
নেদেখাজনৰ  কৃপাত হয়তো তুমি ভালেই আছা ৷ হৃদয়ৰ  নিভৃত কোণত থূপ খাই থকা অযুত মৰমেৰে তোমালৈ অশেষ শুভকামনা ৷ চেনেহৰ দীঘ আৰু হেঁপাহৰ বাণীৰে মৰমৰ গামোচাখন ল'বলৈ তুমি হয়তো আৰু কেতিয়াও নাহা ৷ শীতৰ লঠঙা গছবোৰৰ দৰে মোৰ বুকুখনো আজি তেনেই উদং ৷

নীৰৱ ৰাতি
নিসংগ কোঠাত 
আজি অকলশৰীয়া মইজনীয়ে 
উকা কাগজত 
প্ৰেমহীন প্ৰেমিকাৰ বুকুত
কলিজাৰ কেঁচা মৰমৰ দিবলৈ
অপাৰগ হোৱা
বিননিৰ কবিতা লিখিছো ৷
ও,মোৰ হিয়াৰ আমঠু, মৰমবোৰ বুকুত সাঁচি সাঁচি তোমাৰ বাবে মইচোন আজি উচুপি উচুপি ভাগৰি পৰিছো ৷ এইবাৰ কাতি বিহুৰ দিনাখন কঙালী হৈ পৰিছিলো উদং ভঁৰালটোৰ দৰে ৷তুমি যে কাষত নাই ৷ নেদেখা উপত্যকাৰ মৰীচিকা  হৈ মই প্ৰতিপলেই তোমাক বিচাৰি ফুৰো ৷  সেই যে প্ৰথম লগ পাওঁতে তুমি কৈছিলা -তোমাৰ হাঁহিটিৰ বাবে আজীৱন মই কষ্ট কৰিম ৷ মাথোঁ হাঁহি থাকিবা ৷
ওঁঠত হাঁহি 
চকুত হাঁহি
অথচ আজি তুমি নাই
বাবেও মই তোমাৰ বাবেই
হাঁহি বিলাইছো মোৰ দুওঁঠত,
মোৰ দুচকুৰ তীব্ৰতাত …
কান্দোনবোৰ সাঁচি ৰাখি
হাঁহিবোৰ বিলাই দিওঁ
নেদেখা পৃথিৱীৰ সিপাৰেই তুমি
মোৰ হাঁহিৰে তুমি তুমি হৈ
ৰোৱা মোৰ দেহা আজীৱন
তোমাৰ হৈ ৰোৱাৰ প্ৰতিশ্ৰুতিৰে ৷

ইতি 
তোমাৰ মৰমৰ গুণগুণ ৷

পৰিণীতা কলিতা
সহ সম্পাদক, অঙ্গন


পৃষ্ঠা ৩৭

গল্পঃ

ভালপোৱা : এটা সেউজীয়া গান

আদৃতা শিৱম, শিৱসাগৰ

পূৰ্বৰাগ : স্কুটিৰ চাবিটো ঘূৰাই ঘূৰাই তাই ওলাই আহিছিল গিফ্ট কৰ্ণাৰখনৰ পৰা ৷ ব্লুজিনচ্‌ৰ লগত ৰেড কালাৰৰ টি-চাৰ্টটোৰে ধুনীয়া লাগিছিল তাইক ৷ হোৱাইট আৰু ব্লু কম্বিনেশ্বনযুক্ত এডিদাজৰ জোতাযোৰৰ লেচ বান্ধি থাকোতে চকুত পৰিছিল আঙুলিৰ মূৰত এই যাওঁ এই যাওঁ জেতুকাৰ বোল আৰু আঙুলিত জিলিকি থকা মুকুতা পাথৰৰ আঙুঠিটো ৷ আস্‌ ! একেই আছে ছোৱালীজনী ৷ বয়জ কাট চুলিখিনি পিচলৈ ঠেলি গাগলচযোৰ পিন্ধিছিল তাই ৷ চকুহাল দেখিছিলো এপলকৰ বাবে ৷ জোনাক কোমল এহাল চকু ৷ পাতল লিপষ্টিক সনা ওঁঠযুৰিত মৰমলগা হাঁহি এটা ফুটাই তাই কাৰোবাক হাত জোকাৰিছিল ৷ ৰিণিয়ে মোৰ বাবে টি-চাৰ্ট বিচাৰি আছিল দোকানত ৷ তাই নেদেখাকৈ মই ৰিণিৰ আঁৰ হৈ ৰৈছিলোঁ ৷ নেলাগে দেখিব তাই মোক ৷ নালাগে লৈ যাব বুকুত অলপমান বিষ ৷ 
      তাইৰ স্বাভিমানী খোজ আৰু আত্মবিশ্বাসী কণ্ঠটোৱে সুখী কৰে মোক । বিশ্ববিদ্যালয়ৰ গৱেষণা পাঠ্যক্ৰম শেষ কৰি কণিষ্ঠ মহাবিদ্যালয় এখনত নতুনকৈ যোগদান কৰিছে তাই ৷ তাইক প্ৰতিষ্ঠিত হোৱা চাবলৈকে এদিন উপেক্ষা কৰিবলৈ লৈছিলো সেই আকুল দুচকু ৷ দেখিও নেদেখিছিলো তাইৰ চকুপানী ৷ জেদী আছিল তাই ৷ প্ৰচণ্ড স্বাভিমানী ৷ মোৰ ওচৰত নিজৰ দুৰ্বলতা ঢাকি তাই হাঁহি হাঁহি কৈছিল ; “তোমাৰ বাবে মোৰ কোনো ফিলিংচ নাই ৷” ৰিক্ত যেন লাগিছিল তাইক হেৰুৱায় ৷ বিয়াৰ বয়স হৈছিল মোৰ ৷ পৰিয়ালৰ মানুহবোৰে ছোৱালীৰ খবৰ আনিছিল ৷ মা-বিহীন আমাৰ ঘৰখনত এজনী বোৱাৰীৰ বৰ প্ৰয়োজন আছিল ৷ অসুখীয়া দেউতাক সময়মতে দৰৱকেইটা দিবলৈ ,নিজৰ কৰ্মক্ষেত্ৰত ৰুটিৰ্ণ মানি সময়মতে পাবলৈ , ভাইটিৰ পঢ়া টেবুলত চাহ একাপ দিবলৈ কাৰোবাৰ সহায় এটা লাগিছিল ৷ জোৰ দিছিল সকলোৱে বিয়া কৰোৱাৰ বাবে ৷ আৰু তাই তেতিয়া ইউনিভাৰ্চিটিত চিট পাই পঢ়িবলৈ যোৱাৰ যো-জা চলাইছিল ৷ ক’ব খোজা কথাষাৰ ওঁঠতে ৰৈছিল ৷ তাই প্ৰতিষ্ঠিত হোৱাৰ বাটত মই হেঙাৰ হ’ব খোজা নাছিলো ৷ 

ফ্লেচবেক : তাই হায়াৰ চেকেণ্ডাৰী পঢ়ি থাকোঁতে মেথচ্‌ পঢ়ুৱাবলৈ যোৱা মোক দাদা বুলিয়েই মাতিছিল ৷ কেতিয়া কেনেকৈ বিশেষ আসন এখন দি দিলে মই নাজানিলো ৷ কেৱল তাইৰ আচৰণৰ পৰিৱৰ্তনে বুজালে  অনুৰাগৰ ভাষা ৷ মোৰ মনটোও অনুৰূপ আকৰ্ষণ এটাত বন্দী হ’ব খোজাতো বুজি উঠিছিলোঁ ৷ তাইৰ চপলতাক প্ৰশ্ৰয় নিদিবলৈকে কৃত্ৰিম গাম্ভীৰ্যৰে হৃদয় ঢাকি তাইৰ সন্মুখীন হৈছিলো ৷ জানিছিলো মোৰ এই উপেক্ষাই তাইক কন্দুৱাই অথচ জানি বুজি তাইৰ ভাল কেৰিয়াৰ এটা আধাতে সামৰি মোৰ লগত সাঙোৰ খুৱাই ল’বলৈ দিবলে মোৰ আপত্তি আছিল ৷ কথমপি ঘৰখন চলোৱাৰ জোখাৰে মোৰ উপাৰ্জনৰ সীমাৰেখা ৷ তাৰে উচ্চতাৰ সপোন এটাক ঢুকি পোৱাৰ ধৃষ্টতা মই কৰাও উচিত নহয় ৷ তাইৰ উজ্বল ভৱিষৎ এটাৰ স্বাৰ্থত নিসংগ সময়ৰ চকুপানীবোৰ তেনেই নগণ্য আছিল মোৰ বাবে ৷ সীহ পুৰি সোণ কৰাৰ মেজিক এটাৰ দৰে মোৰ ছাঁ বিচৰা তাই নিজেই গছ হৈ উঠাটো বিচাৰিলোঁ ৷ মই ভালদৰে বুজো প্ৰেমৰ আচৰিত আৱেগত নাৰী ইমানেই দুৰ্বল হৈ উঠে যে নিজা সপোন আৰু চখ বাদ দিবলৈ কুণ্ঠাবোধ নকৰে ৷ প্ৰিয়জনৰ বাবে হাঁহি হাঁহি নিজৰ স্বপ্নৰ ৰং হেৰুওৱাটো মোৰ কাম্য নাছিল ৷ সেয়েহে সংসাৰৰ জোৰা মাৰিবলৈ গৈ মই তাইক বলিৰ পঠা সজাব নোৱাৰিলোঁ ৷ 
      তাই ভাবি লৈছিল তাইৰ বাবে মোৰ অন্তৰত কোনো অনুভৱৰ জন্ম হোৱাই নাছিল ৷ কিমানটা উজাগৰ ৰাতিৰ শেষত বৰমাহঁতে থিক কৰি দিয়া ছোৱালীজনীক দৰা হৈ লৈ আনিছিলোগে তাই নাজানিলে ৷ জনোৱাও নহ'ল কোনোদিন ৷ অৱশ্যে বুজাবুজিৰ মাজেৰে চলি থকা আমাৰ সংসাৰখনত মৰম ভালপোৱাৰ অভাৱ কাহানিও হোৱা নাই ৷ এওঁক কৈছিলো বিয়াৰ পাছত , আধৰুৱা প্ৰেমৰ ইলিজি । আচৰিত ধৰণে কোমল মাত এটাৰে উত্তৰ দিছিল “তাই ভুলকৈ নুবুজা হ’লে মই জানো পালোহেঁতেন তোমাক !” মই সুখী হৈছিলো নে দুখী আচলতে ! কিমান দিন কল্পনা কৰিছিলো মোৰ ফাঁকিবোৰ ধৰা পেলাই তাই ৰওকহি কাষত ৷ অথচ ধৰা নপৰিবলেকে কমাই দিছিলো সকলো যোগাযোগ ৷ বুকুৰ মাজত লৈ ফুৰিছিলো অলপমান বিষ ৷ আজিও লৈ ফুৰোঁ ৷ তাইৰ উকা কপালত সেন্দুৰৰ ৰঙ নলগালৈকে মই হয়তো কঢ়িয়াম একধৰণৰ কষ্ট ৷ প্ৰথম ভালপোৱাৰ উকা বাগিচা সামৰি তাই কেতিয়া পিন্ধিব কইনাৰ সাজ ৷   

উপসংহাৰ : তাই গৈছিলগৈ ৷ হাতত লৈ যোৱা গিফ্টৰ পেকেটটো মোৰ বাল্যবন্ধু অন্তৰিক্ষৰ বাবে আছিল ৷ এইখন চহৰৰ চৰকাৰী হস্পিটেলখনৰ নতুন চাৰ্জন সি ৷  আজি তাৰ জন্মদিন ৷ সি কৈছিল সিদিনা “অনন্যাই একচেপ্ত কৰিলে মোক ৷” 


পৃষ্ঠা ৩৮

অতৰ্ক

থেহেৰা-থেহেৰি ভাল নোপোৱা বৰুৱাই
মালাকাৰৰ ওচৰৰ পৰা আঁতৰি আহিল।
 প্ৰিয়মৰ চকুৰ আগত বৰুৱাক থেকেৰা ঠহা দি  মালাকাৰে গৌৰৱবোধ কৰিলে। প্ৰিয়মৰ লগতে তাত উপস্থিত থকা মানুহবোৰে ভাৱক  মালাকাৰৰ বাদে অন্য কৰ্মচাৰী বিলাক থিহিৰা চাউলহে ।

     প্ৰিয়মে ভাৱিলে  মাষ্টৰ বৰুৱাই  দঁকচনি শুনিও এষাৰো মাত নামাতিলে। তেওঁ মালকাৰৰ তলতীয়া কৰ্মচাৰী নহয় । তেওঁক কথা শুনোৱাৰ
অধিকাৰ প্ৰকৃততে মালাকাৰৰ আছেনে ?
তাই জানে মালাকাৰ খং চোকা মানুহ। নিজৰ স্বামীগুৰুৰ স্বভাৱৰ বিষয়ে তাইতকৈ আন কোনে
জানিব। কিন্তু বৰুৱাৰ অপৰাধ কি ?

  বৰুৱাই টিফিন্‌ খাই থাকোঁতে  জিৰণী কোঠালিত , প্ৰিয়মক লগত পোৱাত  মাত বোল হৈছিল ,। বৰুৱাই হাত-মুখ ধুই চিধা  গুদামৰ অভিমুখে আগবাঢ়িল। বৰুৱাৰ অজ্ঞাতে প্ৰিয়মে নিজেও স্বামীৰ খবৰ লবলৈ আহি আছিল। 

          প্ৰিয়মে  মিষ্টাৰ মালাকাৰক উদ্দেশ্যি কলে,  " বৰুৱাৰ কি দোষ ?  দুপৰীয়া পাৰ হৈ বেলি লহিয়ালে । আপুনি খাবলৈ অহা নাই দেখি ময়ে বৰুৱাক আপোনাক মাতিবলৈ---"

মালাকাৰৰ খং উঠিয়ে আছিল , " বৰুৱাৰ দৰে
সামান্য  এম. ই. স্কুলৰ  ৰেগুলাৰ মাষ্টৰবোৰে 
মোৰ দৰে খণ্ড পৰ্যায়ত চাকৰি কৰা ডাক্তৰক 
হাতীৰ টিকাত তৰাৰ ফৰ্মুটি মাৰিবলৈ সাহস আছেনে ? "

       ৰক্তিম ৰঞ্জন বৰুৱাৰ লাজতে ৰঙা পৰা মুখ খনিৰ ওঁঠ দুটি কিবা ক'ব খুজিও  ভাষা হেৰুৱালে কিন্তু গীত এটি মনত পৰিলে -

  " দুৰ্বল মানুহে যদি 
জীৱনৰ কোবাল নদী 
পাৰ হয় তোমাৰ সাহত
তুমি হেৰুৱাবানো কি ?"

      বৰুৱাই জানে ,  মৌন হৈ বহুত কথাৰ উত্তৰ দিব পাৰে। মৌন মানে দুৰ্বল নহয়।

        দিকচৌ শিক্ষা খণ্ডৰ  আই. ই. কম্পনেণ্টৰ  চাকৰিয়াল দম্পতী গৌৰৱ জ্যোতি আৰু প্ৰিয়ম মালকাৰ । দিব্যাংগ ছাত্ৰ  ছাত্ৰীক চিনাক্ত কৰা, শিক্ষক সকলক দিব্যাংগৰ প্ৰতি লব লগা ব্যৱস্থাৰ সন্দৰ্ভত সময়ে সময়ে প্ৰশিক্ষণ দিয়া , সজাগতা সভা পতা, ইত্যাদি কামত সৰ্ব শিক্ষাৰ প্ৰায় আৰম্ভণিৰ পৰা আত্ম নিয়োগ কৰি আহিছে। তদুপৰি শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয় বিলাকৰ ভাৰ প্ৰাপ্ত মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কৰ দায়িত্ব পালন কৰি আহিছে। 

        নতুন শৈক্ষিক বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে নতুন পাঠ্যপুথি বিতৰণ কাৰ্যসূচীত মালাকাৰ দম্পতীৰ নাম থাকিবই। কিয়নো শিক্ষাখণ্ডটো ম্যান পাৱাৰ কম আছে। শিক্ষা খণ্ডৰ সকলো মণ্ডল সমল কেন্দ্ৰত সমন্বয়ক পাবলৈ নাই। 

        প্ৰিয়মে কৰ্ম ব্যস্ততাৰ মাজতো নিজৰ স্বাস্থ্যৰ লগতে স্বামীৰ প্ৰতি যত্ন লয়। মিষ্টাৰ মালাকাৰৰ ৰক্ত চাপ সদায় উচ্চ হৈ থাকে । ব্যায়াম অথবা খোজ কাঢ়িলেও ৰক্ত চাপ বাঢ়ি যায়। শকত আৱত গজেন্দ্ৰ  মানুহ। তাতে আজি দ্বিতীয় দিনাও কিতাপ বিতৰণত লাগি আছে। প্ৰিয়মৰ চিন্তাৰ অন্ত নাই।

                    প্ৰিয়ম মালাকাৰো   বৰুৱাৰ দৰে 
যোৱা বছৰ পেটৰ অসুখত ভূগি  অস্ত্ৰোপচাৰ
কৰোৱালে। শল্য চিকিৎসকৰ উপদেশটো তাই  লক্ষ্মণ ৰেখাৰ দৰে জ্ঞান কৰি সেইদিন ধৰি কোনো দিনে গধুৰ বস্তু দাঙিবলৈ মৰ সাহ কৰা নাই । কাৰণ তাই বাৰুকৈয়ে জানে গুৰুতৰ অস্ত্ৰোপচাৰ কৰোৱা ৰোগীয়ে গধুৰ বস্তু দাঙিবই নালাগে।

         সাধাৰণ নিৰ্বাচনৰ যুদ্ধকালীন প্ৰস্তুতি । কোভিদ ভেকচিন লোৱা, নিৰ্বাচনৰ বাবে দেওবাৰেও প্ৰশিক্ষণ লোৱা তাৰ মাজতে সপ্তাহজোৰা কিতাপ বিতৰণৰ কাযসূচীত মুখ্য ভাৱৰীয়া হোৱা আদি সময়ৰ তাগিদাত কৰ্মচাৰীৰ ব্যস্ততাৰ কথাবোৰ  বৰুৱাই ভাৱিলে।  

         কিমান যে পৰিবৰ্তন! এইবাৰ ১ এপ্ৰিলৰ পৰা নতুন শিক্ষা বৰ্ষ আৰম্ভ, আকৌ ২৭ মাৰ্চ ২০২১ ত নিৰ্বাচন । কোনো এটাও এৰিব নোৱাৰি।

গতিকে ১৯ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ দৈনিক কিতাপ বিতৰণ কাৰ্য সূচী আছে। ২৬ মাৰ্চত নিৰ্বাচনৰ প্ৰিজাইডিং অথবা পুলিং অফিচাৰ দায়িত্ব পালন কৰিবলৈ যাব লাগিব। কথাবোৰ ভাবি থাকোতে  বৰুৱাৰ কামৰ গতি লেহেম হৈছিল। 

      মালাকাৰে চিঞঁৰিলে "  বেমাৰী  কি হ'ল ? জল্‌দি জল্‌দি-----"

           বৰুৱা সতৰ্ক হ'ল । মাত্ৰ এখন দৰ্জা থকা  সৰু শ্ৰেণী কোঠাত কিতাপৰ বস্তাৰ মাজত কাম আৰম্ভ হোৱাৰে পৰা কেনেকৈ সময় পাৰ হ'ল গমকে নাপালে। বস্তাবোৰ অস্ত্ৰোপচাৰ কৰি কিতাপ বোৰ উলিওৱা , তাৰ পিছত প্ৰয়োজন অনুসাৰে গণি গণি মালাকাৰৰ পিনে আগবঢ়াই দিয়া। পুৱাৰে পৰা ১৬ খন মান বিদ্যালয়ক কিতাপ দিয়া হ'ল । বাহিৰত লাহে লাহে মানুহৰ ভিৰ কমি গৈছিল। দুই এখন সৰু মালবাহী গাড়ীত কিতাপৰ বস্তাবোৰ আলু বস্তাৰ দৰে দাঙি দলিয়াই দিয়া দৃশ্যবোৰ ৰামধেনুৰ দৰে ক্ৰমাৎ নোহোৱা হৈছিল।

        যন্ত্ৰৰ দৰে কোঠাটো একে কাম কৰি থকা চি,আৰ, চি, চি, গিৰ্জনীয়ে মাত লগালে কেৱল মোৰ ক্লাষ্টাৰৰ যখীনীপুৰ হায়াৰ চেকেণ্ডাৰী খন আহিবলৈ বাকী আছে । মই মাতিছো আহি আছে  । সময় ২.৩০ বাজিবৰ হ'ল। ইমান পৰে নিঃশব্দে কাম কৰি থকা শিক্ষক মাধৱে কলে " কামৰ হেঁচাত সৰু পানী চুবলৈ পাহৰিছোঁ।"  শিক্ষক জয়ন্তই "হয় দেই "বুলি শলাগিলে। দুয়ো শিক্ষক  বাহিৰলৈ ওলাই গ'ল। ভুলটো হ'ল মালাকাৰৰ পৰা অনুমতি নল'লে। বৰুৱাই ভাগৰ অনুভৱ কৰিলে । তেওঁৰ মনত পৰিল , এবছৰ আগতে হৈ যোৱা পেটৰ অস্ত্ৰোপচাৰৰ কথা।  " গধুৰ বস্তু আপুনি দাঙিবলৈ চেষ্টা নকৰিব । আপোনাৰ মেজৰ অপাৰেচন্‌ হৈছে।" ডাক্তৰে কোৱা সেই কথাটো ।

     এই হাক বচন নমনাকৈ সামৰ্থ্য অনুসাৰে দেহাই টানে মানে বৰুৱাই আজি দ্বিতীয় দিনাও গধুৰ বস্তাবোৰ ঠেলা , কিতাপ দঙা কাম বোৰ ভোকে লঘোণে কৰি আছে। ভোক লাগিলত  বৰুৱাই মালাকাৰৰ হুকুম নোলোৱাকৈয়ে পৰিবাৰে পুৱাতে  দি পঠিওৱা টিফিন্‌টো লৈ জিৰণী কোঠালৈ ওলাই গ'ল।

          কিছু সময় পিছতে  যখীনীপুৰ হায়াৰ চেকেণ্ডাৰী অধ্যক্ষ গৰাকী আহি পালে আৰু  কিতাপৰ চালানখন মালাকাৰক জমা দিলেহি। মালাকাৰে কোঠালিত পৰি থকা কিতাপবোৰলৈ চাই উপায় হীন হৈ খঙতে বিভাগীয় বৰমূৰীয়াক ফোন কৰি জনালে  , " বোলে ইয়াত কিতাপ দিবলৈ মানুহ নাই। সকলোবোৰ পলাল। আমি দুজনহে আছোগৈ। "  মোবাইল ফোনত মালাকাৰে কোৱা কথাৰ শেষৰ বাক্যটো  মাধৱ আৰু জয়ন্তই ভালকৈ শুনি পালে।

তেওঁলোকে বাহিৰৰ পৰা সৰু পানী চুবলৈ গৈ ঘূৰি আহি সোমাইছিলহে। মাধৱে মালাকাৰৰ লগত মুখে -মুখে লাগি গ'ল , " আপুনি কাক কথা শুনাইছে ? আমিবোৰ ইয়াত নাই নে কি ?
আমি ইয়াত আপোনাৰ কথা শুনিবলৈ অহা নাই
চাই চিতি কথা ক'ব। আমাৰ খাবলৈ কি বিৰতি নাই ! প্ৰস্ৰাৱ কৰিবলৈ সময় নাই । একেৰাহে কৰিয়ে আছোঁ তথাপি ---- আপুনি----"

       মালাকাৰৰ খং টো   নিদ্ৰামগ্ন আগ্নেয়গিৰিৰ দৰে হ'ল। শিক্ষক মাধৱ চিধা চিধি মানুহ।কাৰোলৈকে ভয় নকৰে। নিজেও সমৰ ক'লাত বিশাৰদ।

বৰুৱাই এই বোৰ বিতৰ্কৰ কথা গমেই নাপালে।

      বৰুৱাই টিফিন্‌ শেষ কৰি জিৰণী কোঠা এৰি যাবলৈ ওলাল।সেই সময়তে অফিছৰ কৰ্মচাৰীজন হাতত টোপোলা এটা চিলভাৰ ৰঙৰ কাগজেৰে নুৰিয়াই আনিলে। লগতে পলিথিন এখন। এইয়া প্ৰায় তিনি বজাত মটৰ আৰু ৰুটী।দুপৰীয়া আহাৰ।  জিৰণী কোঠাত পূৰ্বৰে পৰা বহি থকা প্ৰিয়মে বৰুৱাক উদ্দেশ্যি কলে " আপুনি কিমান নম্বৰ কাউণ্টাৰত আছে ? বৰুৱাই টপৰাই উত্তৰ দিলে   " কি হ'ল বাইদেউ ৪ নম্বৰত। "  "অ' আমাৰ এখেত তাতে আছে নহয় নে ?  বৰুৱা ঃ " হয় হয় "। প্ৰিয়মে কলে, "মাতি দিব চোন। "

      বৰুৱাই চিধা গৈ কিতাপ গুদামৰ কোঠালি মুখ পালেগৈ। দুৱাৰত থিয় হৈ থকা মালাকাৰক
উদ্দেশ্যি-" ছাৰ আজৰি হৈছেগৈ নে ?" পিছৰ খিনি ক'বলৈ সুযোগেই নিদিলে । যেন আগ্নেয়গিৰি উদ্গীৰণ  ঘটিল । বৰুৱাই এক আচহুৱা পৰিস্থিতিৰ মুখা-মুখি হ'বলৈ পালে । 

          মালাকাৰে তিৰ্যক দৃষ্টিৰে বৰুৱালৈ চাই কলে, "তুমি কি মোক চেহেৰা দেখাবলৈ আহিছা ? তুমি কি মোক চেহেৰা দেখাবলৈ আহিছা ? যদি চেহেৰা দেখাবলৈ আহিছা এতিয়াই আঁতৰ হ' মোৰ চকুৰ আগৰ পৰা । " খঙত অগ্নিশৰ্মা হৈ  কোৱা কথাবোৰ  বৰুৱাৰ কাণত শূলে বিন্ধাদি বিন্ধিলে।

        বৰুৱাৰ অবৰ্তমানত মাত্ৰ এখন বিদ্যালয় যখীনীপুৰ হায়াৰ চেকেণ্ডাৰীৰ বিদ্যালয় প্ৰধান 
অন্তিমজন হিতাধিকাৰীক মালাকাৰে কিতাপ
বিতৰণ কৰিলে। 

       বৰুৱাই ভাৱিলে , ইচ্ছা কৰা হ'লে তেখেতে 
আহাৰ বিৰতি বুলি অধ্যক্ষজনক  অলপ অপেক্ষা  কৰিবলৈ দিয়া হ'লে মহাভাৰতখন অশুদ্ধ  নহ'লহেঁতেন।  তাতে মালাকাৰৰ ইমান খং!

      বৰুৱাৰ মালাকাৰৰ প্ৰতি পুতৌ ওপজিল। খং ৰিপুৰ দাসত্ব হৈ কিদৰে মালাকাৰৰ মানৱীয় আচৰণবোৰ লোপ পাইছে! বৰুৱাৰ সুধাকণ্ঠৰ সেই বিশেষ গীত ফাকিলৈ মনত পৰি গ'ল :

 " মানুহে মানুহৰ বাবে "।

ৰিণ্টু টায়ে
শৈক্ষিক পৰামৰ্শদাতা 
কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্তবিশ্ববিদ্যালয় ,সোণাৰি মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰ।
ফোন-৭০০২৭৬১৬১৮


পৃষ্ঠা ৩৯
কবিতাঃ

সৌন্দৰ্য্য

বহুদিনৰ আগেয়ে মই আঘাতপ্ৰাপ্ত হৈছিলো 
তাতে তোৰ পতাসোণ বৰণীয়া
চিক্ - মিকিয়া , গাঢ় হালধীয়া ডিঙিৰ হাৰডালে
হৃদয় বিদাৰিলে মোৰ ।

ৰূপহী কুঁৱৰী যেন
তোৰ মণি - মুকুতাৰ কাঞ্চনী দেহ ,
খেৰৰ জুমুঠিত মাটিৰে লেপি দিয়া
প্ৰতিমাৰ ক্ষণিকৰ বেশ ।
সেয়েতো তোৰ
জ্যোতিৰ গুঞ্জন ক্লেষাক্ত কলুষিত
বিসৰ্জনৰ অপৰাজিতা
প্ৰায়শ্চিত্তৰ পটুৱাৰ খোল ।

তোৰ পালিত ৰূপৰ সুষমা 
সোণৰ পাতত ৰূপৰ তুলিকাৰে অকাঁ
সদ্যস্নাতা তিৰোতাৰ
সৌন্দৰ্য্যৰ সুন্দৰী আৱেশ ।
তাতেই তোৰ নিৰ্মোঘ সত্যৰ বিপৰীত বাস্তৱ
মলিয়ন ফটা - ছিটা তোৰ চাদৰৰ ভাঁজ
এয়াতো কিঞ্চিতহে মাত্ৰ
তোৰ সমগ্ৰ দেহৰ লাচত কটা আছে ,
দৰিদ্ৰতাৰ বিপুলায়তন আভাস ।
বাঁহৰ আগলি যেন‌ দোখাই হালি অহা 
তোৰ খোজনীয়া ককালৰ হাড়
শীৰ্ণ বিদীৰ্ণ হাতৰ ফাকতো যেন 
নৰীয়া লাখুটিৰ ভাৰ ।
(তিক্ত জীৱনৰ সিক্ততা
তোৰ আজীৱন অভিজ্ঞতাৰ নিচান)
ইটো কাম্যতা নহয় সৌন্দৰ্য্যৰ
পূৰ্ণ জোনৰ দৰে সদা উজ্বল তোৰ
শ্যামল বৰণী মুখ
নপৰে যাৰ কাহানিও ওৰ ।
আদিৰ সৌন্দৰ্য্যতা আঁচলৰ ধন হেন
শেষান্তও হ'ব পাৰে সুন্দৰ , চকুৰ মণিৰ দৰে ।

এটি সপোন বিমৰ্ষ বাস্তৱৰ
তোৰ কৌটিকলীয়া সুগঢ়ী , লাৱনী দেহ
বাৰ্ধক্যৰ বন্ধকত
লোৰ শিকলিত সোণৰ ৰঙেৰে বোলোৱা
ফাকটিৰ দৰে :
কিন্তু এতিয়া !
তোৰ হাড় - ছাল ওলোৱা
দেহৰ চকুৰ পাকত
চহৰখন চালুকীয়া নহয় আৰু
লক্ষ্মীহীনা অভিশাপত ।

স্বপ্নম জ্যোতি কলিতা
গোলাঘাট (বেজগাওঁ)
কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ
দূৰভাষ : ৬০০১৬০৯৩৫৯


বসন্তোৎসৱৰূপী তুমি ব'হাগ

এয়া যে ব'হাগ,
যাৰ আগমনত
যৌৱনমতী হয় প্ৰকৃতি৷
নিলাজ ফাগুনে উদং কৰি যোৱা..
বসুন্ধৰাক নতুন সাজেৰে সজাবলৈকে যেন
ব'হাগৰ আগমন |
এই ব'হাগতে
জীপাল হয় উদাসী ফাগুনে ৰিক্ত কৰা মনবোৰ,
বসন্তৰ মধুৰ পৰশ লাগি জাতিষ্কৃত হয় প্ৰকৃতি..
গছে গছে প্ৰেমিক ব'হাগৰ এয়া যেন উপহাৰ,
ৰঙীনতাই ৰং সানি দিয়ে মনত |
সপোন ফুলিল, জীপাল হ'ল ধৰণী,
জেতুকাৰ সেউজীয়াই প্ৰকৃতিৰ বুকুত ৰং 
বিলালে,
ক্ষুদ্ৰ শুভ্ৰৰ সংযোগ আৰু
বেঙুনীয়া ৰঙৰ অলেখ পাপৰিৰে থূপ খোৱা
মিঠা মিঠা সুবাসৰ স্নিগ্ধ কোমল কপৌফুল,
তাতেই অসংখ্য ভোমোৰাৰ মৃদু গুঞ্জন,
এয়াই ব'হাগ, বৰষা ঋতুৰ অলেখ প্ৰতিশ্রুতি || 
বিহগীয়ে প্ৰকৃতিৰ বুকুত স্পন্দিত কৰা অস্ফুট সংগীতৰ সুৱদি সুৰৰ লালিমা,
ব'হাগ তোমাক স্বাগতম |

মধুস্মিতা ফুকন
ডিব্ৰুগড় বিশ্ববিদ্যালয়
9706601925/6001095209
ই-মেইল : madhusmitaphukon9@gmail.com


পৃষ্ঠা ৪০

শেষ পৃষ্ঠাৰ লেখাঃ

পৰিবৰ্তনৰ ধামমুখীয়াত ৰঙালী বিহু
   
                 বাপতি-সাহোন ৰঙালী বিহু অসমীয়াৰ পৰিচয় তথা প্ৰাণ। বিহু বুলিলেই অসমীয়া জাতিৰ মন প্ৰাণ হৰি নিয়া এক অনন্য অনুভৱ। বসন্ত কালত বিনন্দীয়া সেউজীয়া পৰিবেশত কুলিৰ কোমল মাতত অসমী আইৰ বুকুলৈ আহে ৰঙালী বিহু। ঢোল, পেঁপা, শিপিনীৰ তাঁতৰ খিটিক খিটিক শব্দৰ লগতে কুলি কেতেকীৰ পৰাণ জোৰোৱা গীতে মুখৰিত কৰি তোলে অসমী আইৰ বুকু । মুঠৰ ওপৰত ৰঙালীৰ ৰঙে ৰঙীয়াল হৈ পৰে সমূহ অসমবাসীৰ মন।
          প্ৰকৃতাৰ্থত ভোগালী আৰু কঙালী বিহুৰ দৰে ৰঙালী বিহুও হৈছে এটি কৃষি ভিত্তিক উৎসৱ। চহা জীৱনৰ এক জীৱন্ত দলিল। বসন্ত ঋতুত মৌচুমী বহাত আগমনৰ প্ৰাক ক্ষণত কৃষক সকলে কৃষি কৰ্মত হাত দিয়াৰ আগতে এই উৎসৱ পালন কৰে। 
            এই বিহুৰ উৎপত্তিৰ সম্পৰ্কে এটি নিদিষ্ট তথ্য পোৱা নেযায়। অসমত এই উৎসৱ কোনো এটা নিদিষ্ট জাতি বা জনজাতিৰ দ্বাৰা সৃষ্ট এই কথাও কোৱা টান। কাৰণ অসমত বসবাস কৰি অহা প্ৰতিটো জাতি জনজাতিয়ে একে সময়তে ভিন্ন ভিন্ন নামেৰে এই উৎসৱ পালন কৰে। সি যি কি নহওক অতীতৰ গছৰ তলত উদ্‌যাপন কৰা ৰঙালী বিহুটিক ৰাইজৰ মাজলৈ আনে আহোম স্বৰ্গদেউ চক্ৰধ্বৰ সিংহৰ ৰাজত্ব কালত। অতীতত ৰঙালী বিহু উৎসৱটি পথাৰৰ মাজত আঁহতৰ তলত ডেকা গাভৰু সকলে মিলি উদযাপন কৰিছিল। আগতেই কৈ আহিছোঁ যে বিহু অসমীয়া জাতিৰ কৃষিভিত্তিক উৎসৱ। কৃষিকৰ্মৰ প্ৰাক ক্ষণত ডেকা গাভৰু সকলে আনন্দ উল্লাসত গীত গাই ফুৰ্তি কৰি পিছলৈ কৃষি কৰ্মত হাত দিয়ে। এই উৎসৱেই সময়ৰ সোঁতত আহোম ৰজাঘৰীয়াৰ স্বীকৃতি পায়।
         বুৰঞ্জী মতে ১৬৯৮-৯৯ চনত সেই সময়ৰ আহোমস্বৰ্গদেউ ৰুদ্ৰ সিংহই দিখৌ পাৰত নতুনকৈ ৰাজধানী  পাতিছিল। যাৰ নাম আছিল ৰংপুৰ। এই ৰংপুৰ চহৰতে স্বৰ্গদেৱে ৰজাঘৰীয়াৰ লগতে প্ৰজাৰ মনোৰঞ্জনৰ বাবে ৰংঘৰৰ নিৰ্মাণ কৰিছিল। এই ৰংঘৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কৃষ্টি-সংস্কৃতি পদৰ্শনৰ এক উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিছিল। য'ত গছৰ তলত চহা ডেকা গাভৰু সকলে উদযাপন কৰা বিহুটিও পদৰ্শন কৰা হয় আৰু ইয়াৰ পৰাই গছ তলৰ বিহুৱে স্বৰ্গদেউৰ আমোলাতে ৰাজকীয় মৰ্যদাৰে স্বীকৃতি লাভ কৰে। যি পিছলৈ ৰংঘৰৰ বাকৰিৰ পৰা ৰাজকাৰেঙলৈ ঢাপলি মেলে আৰু কালক্ৰমত ই ৰাইজৰ চোতাল পাইগৈ। জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ চোতালত এই বিহু পদৰ্শন কৰাৰ লগতে গৃহস্থ পৰিয়ালটিয়ে হুঁচৰি দলৰ আগত আঠু লৈ আশীৰ্বাদ লৈ পৰিয়ালটিৰ মংগল কামনা কৰাৰ দৰে ভক্তি ভাৱো গঢ় লৈ উঠে। যাৰ ফলত  বিহুৱে অসমীয়া সমাজত এক অন্যতম স্থান দখল কৰে। ফলত  বিহুলৈ এক আমোল পৰিবৰ্তন আহিল। বিহু গছৰ তলৰ পৰা চোতাল পালেহি।
          আভ্যন্তৰিণ বা বাহ্যিক কাৰণ বসত আহোমৰ সোণসেৰীয়া দিনবোৰৰ অন্ত পৰিল। সমগ্ৰ ভাৰতৰ লগতে অসমতো বৃটিছসাম্ৰাজ্য স্থাপন হ'ল। এই বৃটিছ শাসনৰ কাল চোৱাতে কিছু লোকে অসমীয়াৰ চেনেহৰ বিহুটিক বিভিন্ন কাৰণ দেখুৱাই নিষিদ্ধ কৰণৰ বাবে অৰ্জি দিয়ে। কিন্তু সেই সময়ৰ লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈকে প্ৰমুখ্যে কৰি কেইবাজনো সমাজ হিতৈষী লোকৰ সমূহীয়া প্ৰচেষ্টাত এলাগী হ'বলৈ ধৰা বিহুটি ৰক্ষা পৰে।
           বিহুৱে পুনৰ অসমীয়াৰ চোতাল শুৱনী কৰাৰ মাজতে ১৯৪১ চনত মহেশ্বৰ নেওগৰ উদ্যোগত শিৱসাগৰত ৰঙালী বিহু মঞ্চত উঠাৰ বাট মুকলি হয়। গছ তলৰ পৰা ৰংঘৰৰ বাকৰি, ৰাজহাউলি, প্ৰজাৰ চোতালৰ পৰা এই বাৰ বিহুটি মঞ্চত উঠিল। ইয়াৰ পিছত ১৯৫১ চনত বিহু লতাশিল খেলপথাৰৰ মঞ্চত উঠে। ইয়াৰ পিছৰ পৰা বিভিন্ন স্থানৰ বিহু সন্মিলন আৰু বৰ্তমান প্ৰতিযোগিতালৈকে বিহুৱে বহু পৰিবৰ্তনৰ মাজেদি আহি আহি সাম্প্ৰতিক সময়ত উপস্থিত হৈছেহি।
             সময়ৰ লগত জীৱন ধাৰণৰ পৰা আৰম্ভ কৰি কৃষ্টি-সংস্কৃতি আদি সকলো দিশতে পৰিবৰ্তন হোৱাতো স্বাভাৱিক। সেই দৰে বিহুৰ ক্ষেত্ৰতো আমোল পৰিবৰ্তন ঘটিছে। আচলতে পৰিবৰ্তনেহে কোনো এটা দিশৰ ওপৰত নৱপ্ৰজন্মৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কিন্তু এই পৰিবৰ্তনৰ মাজত যাতে বিহুৰ প্ৰকৃত স্বৰূপৰ সলনি নহয়। বিহুৱে যাতে নিজৰ অস্তিত্ব হেৰুৱাব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া সমাজে বিহুক আকোৱালি আৰু অসমীয়াৰ বাপতি-সাহোন চেনেহৰ বিহুটিক বিশ্বদৰবাৰত এক অনন্য পৰিচয়েৰে দাঙি ধৰক।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন


পৃষ্ঠা ৪১

গ্ৰন্থ বিশেষঃ

জীৱনৰ বোঁৱতী নদী

চন্দন শৰ্মা

এখন অসমীয়া কবিতাসমগ্ৰ নাম "জীৱনৰ বোঁৱতী নদী" ৷ লেখিকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ তথা আদৰৰ হিৰণ ভূঞা বাইদেউ ৷ যাক আমি ঘৰুৱাভাবে জানো হীৰা বাইদেউ বুলি ৷ এইগৰাকী হীৰা বাইদেৱে এটা দুটাকৈ কবিতা লেখি সকলোবোৰ কবিতা একগোট কৰি গ্ৰন্থৰ ৰূপ দিবলৈ মনস্থ কৰে ৷ যোৱা ৮/০৩/২০২১ খ্রী:ত নাৰীদিৱসৰ দিনা আন্ত:ৰাস্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেত্ৰী সীমা বিশ্বাস বাইদেউৰ দ্বাৰা উন্মোচন কৰি পাঠক সমাজৰ হাতত তুলি দিয়ে ৷ শ্ৰদ্ধাৰ বাইদেউৰ কস্টখিনিৰ মূল্য তেতিয়াহে হ'ব যদিহে সুহৃদ পাঠকে কবিতাপুথিখন আন্তৰিকতাৰে গ্ৰহণ কৰি লয় ৷ বহুমূলীয়া পাঠকসকলৰ জ্ঞাতার্থে কবিতাপুথিখনৰ সবিশেষ তথ্য দিয়াৰ চেস্টা কৰিলো ৷
গ্ৰন্থৰ নাম- জীৱনৰ বোঁৱতী নদী
লেখিকা- হিৰণ ভূঞা
ভ্রাম্যভাষ- ৮৮৯৮৬২০৮৩১
প্ৰকাশক- অংকুৰণ প্ৰকাশন, যোৰহাট
ভ্ৰাম্যভাষ- ৯৬৭৮৬৯৬৮৬১
প্ৰকাশ কাল- মার্চ ২০২১ ৷
বেটুপাত আৰু অংগসজ্জা- হেমেন নাথ ৷
ডিটিপি- প্ৰণৱ প্ৰতিম নাথ ৷
মূল্য- ১৫০.০০ টকা মাত্ৰ ৷


পৃষ্ঠা ৪২

আৰ্টগেলাৰীঃ

স্নেহা বক্সী
গোলাঘাট বাণিজ্য মহাবিদ্যালয়


পৃষ্ঠা ৪৩


বিশেষ ঘোষণাঃ
'অঙ্গন' পষেকীয়া আলোচনীৰ সম্পাদনা সমিতি আৰু 'অংকুৰণ প্ৰকাশন'ৰ বিষয়ববীয়াৰ সিদ্ধান্তমৰ্মে পাণ্ডুলিপি জমা দিয়াৰ অন্তিম তাৰিখ চলিত মাহৰ ৩০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে। গতিকে আগ্ৰহী লেখক-লেখিকাসকলক ৩০ এপ্ৰিলৰ ভিতৰত তেওঁলোকৰ পাণ্ডুলিপিসমূহ জমা দিবলৈ অনুৰোধ জনোৱা হ'ল।


পৃষ্ঠা ৪৪



Post a Comment

0 Comments