পৃষ্ঠাঃ ১
বেটুপাতঃ ১
পৃষ্ঠাঃ ২
বেটুপাত ২ঃ
পষেকীয়া আলোচনী অঙ্গনৰ
বেটুপাত আৰু বেটুপাতৰ শেষ পৃষ্ঠাৰ বাবে
ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰিবলৈ
অনুৰোধ জনোৱা হ'ল।
উল্লেখ্য যে আগন্তুক তিনিটা মাহৰ বাবে প্ৰয়োজনীয় বেটুপাত ফটো
চলিত জুলাই মাহতেই পঞ্জীয়ন কৰা হ'ব।
পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চৰাতঃ
১/ সম্পাদকীয়ঃ
প্ৰেম আৰু প্ৰেম ঃঃ পৃষ্ঠা ৫
২/ অঙ্গনলৈ চিঠিঃঃ পৃষ্ঠা ৬
পাঠকৰ দৃষ্টিত অঙ্গন ( মঞ্জুমালা শৰ্মা ভট্টচাৰ্য)
৩/প্ৰৱন্ধ: পৃষ্ঠা ৭
অনলাইন শিক্ষা ব্যৱস্থা আৰু বৰ্তমান ( জেউতি পাঠক)
৪/ধাৰাবাহিক উপন্যাসঃ পৃষ্ঠা ৮
থাৰ্ড পাৰ্চন (পূজা তালুকদাৰ)
৫/ অণুগল্পঃঃ পৃষ্ঠা ১০
ক। আমাৰ কলাগুৰু ( হেমা চৌধুৰী গগৈ)
খ। অন্তহীন বাসনা (নিৰুপমা ডেকা)
৬/ এক মিনিটৰ গল্পঃঃ পৃষ্ঠা ১১
পৰিণতি (স্বপ্নম জ্যোতি কলিতা)
৭/ অনুবাদ কবিতাঃঃ পৃষ্ঠা ১২
যি বাটে যোৱা নহ'ল (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ THE R OAD NOT TAKEN By:; Robert Lee Frost
৮/ কবিতাঃঃ পৃষ্ঠা ১৩-২১
ক। উত্তৰ দিয়ক (জিতেন নৰহ)
খ। এদিন তেওঁ নিশ্চয় আহিব (দীপাঙ্কৰ কলিতা)
গ। হে শিল্পী ( অমিয়া গোস্বামী)
ঘ। কৰ'ণাৰ কৰুণা (সাগৰিকা গোস্বামী)
ঙ। সঁচাই যদি ভাঙিল হেতেন শিকলি ( বাসন্তী ফুকন বৰবৰুৱা)
চ। কথাৰ বৰষুণ (ৰতন শদিয়াল)
ছ। নাভাৱো মই কৰ'ণাক মহামাৰী বুলি ( জিণ্টি ডেকা)
জ। সম্পৰ্ক আৰু সময় ( ডিম্পী ডেকা)
ঝ। অনুভৱৰ চকুলো ( অদিতি খাউণ্ড)
৯/ অনুভৱঃঃ পৃষ্ঠা ২২
ক। নিসংগতা (হিমাক্ষী বৰ্মন)
১০/ চুটি লেখাঃঃ পৃষ্ঠা ২৩
খ। সমস্যা সামাধান আছেনে বাৰু ? ( দীপশিখা দুলীয়াজান)
১১/ নিৱন্ধঃঃ পৃষ্ঠা ২৪
বাঢ়নী আৰু অসমীয়াৰ লোকবিশ্বাস (ধৰ্মেন্দ্ৰ বৰুৱা)
১২/ গল্পঃঃ পৃষ্ঠা ২৫-২৬
ক। সোণমইনাৰ লকডাউনৰ বন্ধু ( অলকা গোস্বামী)
খ। ভালপোৱা, দুটি আত্মাৰ তাগিদা, (হেমেন নাথ)
১৩/ নীলাখামৰ চিঠিঃঃ পৃষ্ঠা ২৮
(পলীজ্যোতি দত্ত)
১৪/ মতামতঃঃ পৃষ্ঠা ২৯
আনলক ২ ৰ নে লকডাউন ৫ ৰ প্ৰয়োজনীয়তা অধিক (লিপিকা ভূঞা)
১৫/ ৰেচিপিঃঃ পৃষ্ঠা ৩২
ম'ট্টন সাহী কোৰ্মা (পংখী কলিতা)
১৬/ নিয়মীয়া শিতান
ক। জ্ঞানৰ সঁফুৰাঃঃ পৃষ্ঠা ৩০
খ। শব্দৰ সাজোনঃঃ পৃষ্ঠা ৩১
১৭/ শেষ পৃষ্ঠাৰ লেখাঃঃ পৃষ্ঠা ৩৪
কিতাপ পঢ়ো আহক" (মঞ্জিত হাজৰিকা)
১৮। মতামতৰ বিষয়ঃঃ পৃষ্ঠা ৩৫
১৯। ঘোষণাঃঃ পৃষ্ঠা ৩৬
২০। বেটুপাত ৩ঃঃ পৃষ্ঠা ৩৭
২১। বেটুপাত ৪ঃঃ পৃষ্ঠা ৩৮
পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
বিভাগীয় সম্পাদকঃ নিৰ্মালী মহন্ত, গোপাল কৃষ্ণ বাঢ়ৈ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ ৰাজশ্ৰী বৰা, গোলাঘাট
ফটোগ্ৰাফাৰঃ পল্লৱ বৰা, গোলাঘাট।
বেটুপাতৰ শেষ পৃষ্ঠাৰ শিল্পীঃ ৰঞ্জিতা ৰাজবংশী, যোৰহাট।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসমূহঃ
দেৱজ্যোতি নাথ, দিপশিখা হাজৰিকা বৰুৱা, ৰিতু ভঁৰালী, প্ৰস্তুতি শৰ্মা, স্বপ্নমজ্যোতি কলিতা, অৰ্চনা শইকীয়া, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক।
পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ
প্ৰেম আৰু প্ৰেম
'সেজীয়াই কথা ক'ব পাৰে,
আকাশ আৰু বৰষুণে হাঁহে।
জোনাক আৰু ৰ'দে কবিতা জন্ম দি
প্ৰেমৰ সৃষ্টি কৰে।
ৰঙা হৈ ফুলে বুকুৰ আশাবোৰ।
জীৱনক জীয়াই ৰখাৰ হেঁপাহ টো
ভালপোৱাৰ বুকুতে গজে।'
প্ৰেম চিৰসুন্দৰ, চিৰশাশ্বত আৰু চিৰসেউজীয়া। ভগৱান বিষ্ণুৰ প্ৰতিটো বাক্যত, প্ৰতিটো পদক্ষেপত, প্ৰতিটো অৱতাৰত আমি যি মহামূল্যৱান জ্ঞান আৰু অনাবিল সুখ অনুভৱ কৰোঁ এয়াই প্ৰেম। প্ৰভুৱে আমাক দেখুৱাইছে যে এই প্ৰেমেই এনে এক শক্তি যি মানুহক দেৱতাৰ শাৰীলৈ উন্নিত কৰিব পাৰে, ইয়েই মানুহক মানৱীয় গুণেৰে বিভূষিত কৰি জীয়াই ৰাখিছে। প্ৰেমৰ বাবেই মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে, প্ৰেমেই মানুহৰ সফলতাৰ অন্তহীন প্ৰেৰণা আৰু একমাত্ৰ কাৰণ হ'ব পাৰে। প্ৰেমে প্ৰতিদান নিবিচাৰে, বিচাৰে মাথোঁ আপোনজনৰ বাবে সৰ্ব সুখ। আপোনজনৰ এটি ধুনীয়া হাঁহিয়ে যেতিয়া হৃদয়ত এপাহি সুগন্ধি গোলাপ হৈ ফুলে, আপোনজনৰ মুখৰ সৌন্দৰ্যতাত পূৰ্ণিমাৰ জোনটি জিলিকি উঠে, বাঁহপাতৰ ফাঁকেৰে বিয়পি পৰা জোনাকবোৰ গালে মুখে পৰিলে যেতিয়া কোনোবাই শিহৰিত হৈ পৰে, এয়াই প্ৰেম। চৌদিশ বিস্তাৰিত সেউজীয়াৰ মাজে মাজে কুলু কুলু সুৰেৰে বৈ যোৱা এটি নিজৰাৰ পাৰত বহি যেতিয়া কোনাবাই দুটি চকু জপাই বুকুখন চুই কাৰোবাৰ মৰমৰ গভীৰতা অনুভৱ কৰিব পাৰে, এয়াই প্ৰেম। প্ৰেমে মানুহক ধুনীয়া কৰি তোলে, চৌপাশৰ পৃথিৱীখন নতুনকৈ চাবলৈ শিকায়। দূৰণীৰ নীলা আকাশত ঘৰমুৱা পখীৰ জাক দেখি, বৰলুইতৰ বুকুত কোনোবা নাৱৰীয়াৰ কৰুণ বাঁহীৰ সুৰ শুনি এক মুহূৰ্তৰ বাবে হলেও যি আপোন পাহৰা হৈ পৰে এয়াই প্ৰেমৰ অনুভৱ। প্ৰেমে একো বাধা নামানে, নুবুজে বয়সৰ সীমা, সম্পৰ্কৰ জটিলতা। প্ৰেমে বিচাৰে মাথো এটি ঠিকনা, অকণমান জিৰণি।
প্ৰেমৰ এটাই চৰ্ত- এখন সাগৰৰ দৰে গভীৰ আৰু শান্ত, ধুনীয়া হৃদয়ৰ প্ৰয়োজন। এটি অনুভৱী মনৰ প্ৰয়োজন। লগতে প্ৰয়োজন ত্যাগৰ মানসিকতা। এই ত্যাগৰ মাজতেই প্ৰেমৰ সৌন্দৰ্যখিনি লুকাই থাকে। প্ৰেমে মানুহক আনৰ দুখ কষ্টবোৰ অনুভৱ কৰিবলৈ শিকায়, প্ৰেমত পৰা মানুহবোৰে আনৰ ক্ষতি কৰিব নোৱাৰে। ইয়াতেই প্ৰেমৰ সৌন্দৰ্যতা।
ঈশ্বৰৰ প্ৰতি ভকতৰ যি আকুণ্ঠ মিনতি এয়া সৰ্বশ্ৰেষ্ঠ প্ৰেমৰ নিদৰ্শন। এই প্ৰেমে জীৱনৰ সৰ্বস্ব উজাৰি দিবলৈ মানুহক অনুপ্ৰাণিত কৰে। এই ত্যাগৰ জৰিয়তেই মানুহে জীৱনৰ ৰহস্য উদ্ঘাটন কৰে, চিৰশান্তি লাভ কৰে আৰু জীৱনক ভাল পাবলৈ শিকে।
সাম্প্ৰতিক সময়ত কেতিয়াবা এনে লাগে যেন আমাৰ মাজৰ পৰা প্ৰেমিক বোৰ হেৰাই গৈছে। জীৱনক ভাল পাবলৈ আৰু কাৰোবাক নিঃস্বাৰ্থভাৱে ভাল পাবলৈ, ঈশ্বৰক উপাসনা কৰিবলৈ, প্ৰকৃতিৰ মাজত থকা ধুনীয়াখিনি চাবলৈও যেন আমাৰ মাজত সময় আৰু হৃদয় দুয়োটাৰে অভাৱ হৈছে। নহ'লে জানো মানুহে নিজৰ লগতে আনৰ অপকাৰ কৰিব পাৰে, সৰু কথা এটাৰ বাবেই জীৱনক শেষ কৰাৰ সিদ্ধান্ত লব পাৰে। আন্তৰিকতাৰ অভাৱৰ বাবেই এজনে আনজনক আক্ৰমণ কৰিব পাৰে। এই সকলোখিনিৰ একমাত্ৰ সমাধানৰ উপায় হৈছে প্ৰেম।সেয়ে হয়তো মাৰ্টিন লুথাৰ কিঙে কৈছিল "আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম।"
আহকচোন, আমি সকলোৱে ভাল পাবলৈ শিকো। হৃদয়ৰ তাগিদাত জীৱনক জীয়াই ৰাখোঁ। এজনে আনজনক ভালপোৱাৰ উপহাৰেৰে আমি এখন চিৰসেউজীয়া মনৰ পৃথিৱী গঢ়োঁ।
হেমেন নাথ
সম্পাদক
অঙ্গন, পষেকীয়া ই-আলোচনী
পৃষ্ঠাঃ ৬
পাঠকৰ দৃষ্টিত "অঙ্গন"
অংকুৰণ প্ৰকাশনৰ এক অনন্য আৰু ব্যতিক্ৰমী প্ৰচেষ্টাৰ উপহাৰ এখনি পষেকীয়া ই-আলোচনী "অঙ্গন"৷ "অঙ্গন"ৰ এগৰাকী সহৃদয় পঢ়ুৱৈ হিচাপে মোৰ কলমেৰে দুটিমান অনুভৱ প্ৰকাশ কৰাৰ বিনম্ৰ প্ৰয়াস কৰিছোঁ মাথোঁন ৷ "অঙ্গন" আলোচনীখনৰ নামটোতে লুকাই আছে এক সুকীয়া তাৎপৰ্য্য ৷ সৌন্দৰ্য প্ৰিয়, ৰুচিপূৰ্ণ, অলংকাৰ সমৃদ্ধ লেখনিৰ সমাহাৰ ৷ সুন্দৰ অলংকৰণেৰে আটকধুনীয়াকৈ সজাই তুলি পাঠকক মননশীল চিন্তাৰ খোৰাক যোগাব পৰা "অঙ্গন" আমাৰ বাবে একেবাৰে নতুন যদিও আলোচনীখনত প্ৰতিফলিত হৈছে প্ৰচুৰ সম্ভাৱনা আৰু সাফল্যৰ ৰেঙনি ৷ সাম্প্ৰতিক সময়ত ই-আলোচনীৰ গুৰুত্ব কিমান সেইকথা হয়তো উল্লেখ কৰাৰ নিষ্প্ৰয়োজন৷ বৈদ্যুতিন মাধ্যমৰ জৰিয়তে কম সময়,কম খৰচতে গ্ৰন্থৰ সোৱাদ ল’ব পৰাটো পাঠকৰ বাবে কিমান সৌভাগ্যৰ কথা ৷ সাহিত্যজগতৰ বিভিন্ন অংগ কবিতা, চুটিগল্প, উপন্যাস , তত্ত্বগধুৰ প্ৰৱন্ধ, বিভিন্ন অনুভৱী লেখা, নীলাখামৰ চিঠি,জ্ঞান-বিজ্ঞানৰ সঁফুৰা, শব্দৰ সাজোন, ৰেচিপি আদিৰ লগতে আটকধুনীয়া বেটুপাত, সাজ-সজ্জা সুন্দৰ পৰিকল্পনাৰে সজাই তুলি পাঠকক সাহিত্যৰ সুবাস দিয়াৰ যি মহান প্ৰয়াস কৰিছে তাৰ বাবে সঁচাকৈয়ে আপ্লুত হ’লো ৷ আশা কৰো "অঙ্গন" হওক যুগৰ বাৰ্তাবাহক, সাহিত্যৰ ৰহঘৰা আৰু নৱ-প্ৰজন্মৰ অনুপ্ৰেৰণাৰ উৎস ৷ শেষত "অঙ্গন"ৰ পৰিয়ালবৰ্গলৈ অফুৰন্ত শুভকামনা জনাই "অঙ্গন"ৰ সফলতা আৰু দীৰ্ঘায়ু কামনা কৰিলো ৷
মঞ্জুমালা শৰ্মা ভট্টাচাৰ্য
জাঁজী, জামুগুৰি।
পৃষ্ঠাঃ ৭
প্ৰৱন্ধঃ
অনলাইন শিক্ষা ব্যৱস্থা আৰু বৰ্তমান
জেউতি পাঠক
টিহু,নলবাৰী
ফোন নং-৮১৩৪৮৭৯৯২১
সমগ্ৰ বিশ্বই বৰ্তমান সময়ত COVID 19 ৰ ভয়ানক মহামাৰীৰ সৈতে যুঁজি আছে।বিশ্বৰ প্ৰান্তে প্ৰান্তে এতিয়া ভয় শংকা আৰু মৃত্যুৰ তাণ্ডৱ চলিছে । চাৰিওফালে মৃত্যুৰ অৱবাহিকাই ঘেৰি ধৰিছে।ঠিক সেইখিনি সময়ত বৰ্তমান জনজীৱন স্তব্ধ হৈ পৰিছে, চাৰিওফালে হাহাকাৰ আৰু হাহাকাৰ। তেনে সময়তে দেশৰ চৰকাৰে চাৰিটা পৰ্য্যায়ত লকডাউনৰ নিয়ম পালন কৰিছে। বৰ্তমান সময়ত আনলক 1 ৰ স্থিতি যদিও দেশত লকডাউনৰ সময়ৰ পৰাই স্কুল-কলেজ বিশ্ববিদ্যালয় সকলো বন্ধ হৈ পৰিল আৰু তাৰ লগে লগে বন্ধ হৈ পৰিল শৈক্ষিক জীৱন।স্তব্ধ হৈ পৰিল শৈক্ষিক প্ৰক্ৰিয়া। কিন্তু তাৰ মাজতে বৰ্তমান যি ব্যৱস্থাৰে শিক্ষা দানৰ প্ৰক্ৰিয়া চলিছে আৰু ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ বাবে যি নীতি গ্ৰহণ কৰিছে সেয়া কিমান যুক্তি সংগত তথা যুক্তিপূৰ্ণ। মই অনলাইন শিক্ষা ব্যৱস্থাৰ বিৰোধী নহয় কিন্তু অনলাইন শিক্ষা ব্যৱস্থাৰে জানো প্ৰকৃত শিক্ষা অৰ্জন কৰিব পাৰি বা পাৰিছোঁ জানো ? বৰ্তমানেও এনে কিছুমান লোক আছে যাৰ হাতত হয়তো এটা স্মাৰ্ট ফোন নাই বা এটা স্মাৰ্ট ফোন কিনিবলৈ যিমানখিনি টকাৰ প্ৰয়োজন সেয়া হয়তো তেওঁলোকৰ হাতত নাই তথা কোনো প্ৰধ্যেই সম্ভৱ নহয়।ভাৰতবৰ্ষত তথা অসমতো বহু লোকে দিন-হাজিৰা কৰি দিনটোৰ বাবে এমুঠি ভাতৰ যোগাৰ কৰে। কিন্তু লকডাউনৰ বাবে সেয়াও বন্ধ তেনে ক্ষেত্ৰত সিহঁতে জানো পাৰিব এটি ভাল স্মাৰ্ট ফোন ক্ৰয় কৰিব ? কেৱল স্মাৰ্ট ফোনেই নহয় তাক ব্যৱহাৰৰ বাবে প্ৰয়োজন হ'য় ডাটা পেক । কিন্তু ডাটা পেজৰ মূল্যও হয়তো যথেষ্ট বেছি। সেয়ে তেওঁলোকৰ বাবে এই প্ৰক্ৰিয়া হৈ পৰিছে অতিক্ষয় জটিল আৰু বেদনা দায়ক। এইটো থিক যে অনলাইন ব্যৱস্থাৰ বাবে হয়তো কিছুসংখ্যক লোকে সুবিধা পাইছে। কিন্তু দৰিদ্ৰ লোক সকলৰ সন্তানৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। এই অনলাইন ব্যৱস্থাৰ সুবিধাকণ গ্ৰহণ কৰিব নোৱাৰা ছাত্ৰ -ছাত্ৰীৰ সংখ্যা আমাৰ ৰাজ্যত অনেক আছে, সেই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব ? সিহঁতো জানো দেশৰ আশা-ভৰষা নহয়, সিহঁত জানো ভৱিষ্যত নহয় আমাৰ দেশৰ। সেয়ে এই অনলাইন শিক্ষাদান প্ৰক্ৰিয়াটোক আমি আসোৱাহপূৰ্ণ বুলি ক'ব বিচাৰোঁ। দেখা যায় অনলাইন ব্যৱস্থাৰত সুবিধাতকৈ অসুবিধা বেছি । কিয়নো আৰ্থিক ভাৱে সৱল হ'লেও কিছুমান এনেকুৱা ঠাইৰো ছাত্ৰ-ছাত্ৰী আছে য'ত নেটৰ্ৱক পাবলৈ টান, ফলত নেটৰ্ৱকৰ বাবেও কিছুমানে সেই সুবিধাকণ পোৱা নাই। আকৌ যেতিয়ালৈকে ক্লাছৰুমত এজন শিক্ষক-শিক্ষয়ত্ৰীৰ সৈতে মুখামুখিকৈ প্ৰত্যক্ষভাৱে অধ্যয়ন কৰা নাযায় তেতিয়ালৈকে হয়তো শিক্ষাৰ মূল উদ্দেশ্য প্ৰতিফলিত নহয়। যেতিয়ালৈকে শিক্ষা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকল শাৰিৰীক আৰু মানসিক দুয়োটা ক্ষেত্ৰতে সমানে সৱল নহয় তেতিয়ালৈকে সেই ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃত শিক্ষা লাভ কৰিব নোৱাৰে।অনলাইন শিক্ষা ব্যৱস্থাৰে অধ্যয়ন আৰু ক্লাছৰুমৰ অধ্যয়নৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে। দেখাত প্ৰক্ৰিয়াটো যিমান সহজ প্ৰকৃতাৰ্থত ই সিমান কঠিন। সেয়ে ক'ব লাগিব যে অনলাইন শিক্ষা ব্যৱস্থাত যিমান সুবিধা আছে সেই অনুপাতে অসুবিধাও আছে। যাৰ ফলস্বৰূপে আজিও কিছুমান ছাত্ৰ -ছাত্ৰীৰ বাবে হেঙাৰ স্বৰূপ হৈ পৰিছে এই অনলাইন শিক্ষা ব্যৱস্থা। সঁচা অৰ্থত অনলাইন শিক্ষা ব্যৱস্থা , অনলাইন পৰীক্ষা ইত্যাদিৰে শিক্ষাৰ সঠিক মানদণ্ড নিৰূপিত নহয়।তথাপিও ভয়াৱহ সময়ত উপায়হীন হৈ সকলো চলি আছে , অথচ এফালে কিছুমানে মানসিক অন্তদণ্ডত ভোগীছে ।
সময়ৰ ভয়াবহতালৈ লক্ষ্য কৰি আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ লক্ষ্য কৰি অনেক আসোৱাহপূৰ্ণ হ'লেও আজি শিক্ষা বিভাগে এই অনলাইন শিক্ষা প্ৰদানৰ প্ৰক্ৰিয়াই ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰিবলে বাধ্য হৈ পৰিছে। এনে ক্ষেত্ৰত দুখীয়া দৰিদ্ৰ লোক সকলৰ সন্তান তথা ছাত্ৰ-ছাত্ৰী সকলক চৰকাৰে ন্যুম্নতম আৰ্থিক সাহাৰ্য প্ৰদান কৰি শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিলে সেই দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ'ব বুলি ভাবোঁ। সি যি হওক আমি চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলি থাকি তাৰ মাজতে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰি সমাজখনক আগুৱাই নিবই লাগিব। এই ক্ষেত্ৰত চৰকাৰৰ নিয়মৰ প্ৰতি সন্মিন জনাই মানৱ জীৱনৰ কল্যান কমানা কৰিলো। লগতে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সময়বোৰ ভাল হওক, অন্ধকাৰবোৰ আঁতৰি যাওক স্বাভাৱিক হৈ পৰক পুনৰ মানৱ জীৱন গতি ধাৰালৈ আহক সময়।
পৃষ্ঠাঃ ৮
ধাৰাবাহিক উপন্যাসঃ
থাৰ্ড পাৰ্চন
(যোৱা সংখ্যাৰ পিছৰ পৰা)
পূজা তালুকদাৰ
নলবাৰী
সিহঁতৰ সম্পৰ্কটোৱেই তেনেকুৱা। এটাক এৰি আনটোয়ে থাকিব নোৱাৰে। ক্লাছ, কেণ্টিন, টিউচন, লাইব্ৰেৰী য'তেই থাকে দুয়োটা একেলগে থাকে। বাকী মানুহৰ কথা টো ক'বই নালাগে। ৰৌটোকে ঢৌটৌ কৰি সিহঁতক প্ৰেমিক প্ৰেমিকা বনাই থৈছে। কথাবোৰ অৱশ্যে সিহঁতক সুধিবলৈ কোনেও সাহস কৰা নাছিল। ভিতৰি ভিতৰি কথাবোৰ যে মানুহে তেনেকৈ ভবা আৰম্ভ কৰিছিল সেই কথা মায়া আৰু অনুৰাগে জনা নাছিল।
"কথাবোৰ তেনেকুৱা নহয় পৰিণীতা। মায়া মোৰ বহুত ভাল বান্ধৱী। আমাৰ মাজত তেনেকুৱা কিবা সম্পৰ্ক থাকিলে মই তোমাৰ প্ৰতি এইবোৰ ভাব কেতিয়াও নানিলো হেতেন। মায়াক মই ভাল পাওঁ, এজনী বান্ধৱী হিচাপে, এজনী ভণ্টি হিচাপে। কিন্তু মায়াক ভালপোৱা আৰু তোমাক ভালপোৱাৰ মাজত বহুত বেছি পাৰ্থক্য আছে।" পৰিণীতাই এটা সন্তুষ্টিৰ হাঁহি মাৰিলে।
পৰিণীতা আৰু অনুৰাগৰ সম্পৰ্কটো বৰ ধুনীয়াকৈ চলি আছে। অনুৰাগক সাংঘাটিক লাজ কৰা ছোৱালীজনীয়ে এতিয়া অনুৰাগৰ হাতখন এৰিয়েই নিদিয়ে। ক্লাছ আৰম্ভ হোৱাৰ অলপ আগতেই দুয়ো হাঁহি হাঁহি ক্লাছত সোমাই, বাকী পৃথিৱীখনলৈ সিহঁতৰ যেন কোনো ভ্ৰূক্ষেপেই নাই। ৰাস্তাত খোজকাঢ়োতেও অনুৰাগে বাৰে বাৰে পৰিণীতাক সাৱধান কৰি দি থাকে, দুয়ো একেলগে আইচক্ৰীম খাই, ম'মো খাই, চেলফী লয়... মুঠতে এটা হেপ্পী ৰিলেচন।
কিন্তু মায়া!!
তাই আজিকালি খুউব কমকৈ আহে কলেজলৈ।আহিলেও অন্যমনস্ক হৈ থাকে। ক্লাছকেইটা কৰিয়েই ঘৰলৈ গুচি যায়।
সিহঁতৰ পৰীক্ষাৰ বাবে ফৰ্ম ফিলাপৰ সময় আহিল। সকলো ব্যস্ত।এজনৰ পিছত আনজন ৰৈ আছে। পৰিণীতা, অনুৰাগ আৰু কেইজনমান হাঁহিত ব্যস্ত। সিহঁতৰ হাঁহি যেন গোটেই কলেজ চৌহদটোৱেই চিনি পোৱা হৈছে।
হাঁহি থকাৰ মাজতেই অনুৰাগে দুবাৰ কাঁহিলে। পৰিণীতাই কথাটো মন কৰা নাছিল। তাই হাঁহিত ব্যস্ত। বেছিকৈ হাঁহিলে যে অনুৰাগৰ কাঁহ উঠে, উশাহ ল'ব নোৱাৰা হৈ যায় সেইকথা মায়াই জানে। অনুৰাগৰ কাঁহটো বেছি হৈ আহিছে। মায়াই ৰ'ব নোৱাৰিলে। তাই দৌৰি গৈ অনুৰাগক চকী এখনত বহাই দিলে। কোঠাটোৰ ফেনখন চলাই দিলে। পিঠিখনত হাত বুলাই দিলে।
পৃষ্ঠাঃ ৯
"ভাল পাইছনে অনুৰাগ, কিহে পাইছিল এনেকৈ হাঁহি থাকিবলৈ? মৰি থাকিবি কেতিয়াবা!"
মায়াৰ চকুৰে চকুপানী বৈ আহিছিল।বেগৰ পৰা পানী বটলটো উলিয়াই এচলু পানী লৈ তাৰ মূৰত দিছিল, অলপ পানী খাব দিছিল। অনুৰাগে লাহেকৈ উত্তৰ দিছিল, "ভাল পাইছো দে।" মায়া আঁতৰি আহিছিল। পৰিণীতাৰ লগতে আন সকলোৱে মায়া আৰু অনুৰাগক চাই থকাৰ বাহিৰে হয়তো আন উপায় নাছিল। পৰিণীতাৰ মুখখন খঙত ৰঙা হৈ পৰিছিল । খুউব ঘন ঘনকৈ উশাহ লৈ আছিল তাই। সকলোৱে হয়তো উপলদ্ধি কৰিছিল, মায়াতকৈ বেছি অনুৰাগকক কোনেও নাজানে!
সময়বোৰ গৈ থাকিল। কথাৰ প্ৰসংগত অনুৰাগে আজিকালি পৰিণীতাক কৈ থাকে, "সেইদিনা মায়া নোহোৱা হ'লে হয়তো মই মৰি থাকিলোহেতেন।"
"মোৰ যদি কেতিয়াবা এনেকুৱা কিবা হৈ যায় প্ৰথমে মায়াক খবৰ দিবা। তাই জানে সকলো।"
পৰিণীতা উত্তেজিত হৈ উঠে। "কেৱল মায়া মায়া মায়া! মোৰ কি একো ভেল্যু নাই তোমাৰ লাইফত! মায়াৰ নাম নোলোৱাকৈ যেন এটা কথাও সম্পূৰ্ণ নহয় তোমাৰ। ইমানেই যদি তাই ইম্পৰটেণ্ট তেতিয়াহ'লে থাকা না তাইৰ লগত। মোক কিয় ৰখাই থৈছা এনেকৈ!"
অনুৰাগে বহুত চেষ্টা কৰে পৰিণীতাক বুজাবলৈ, তাইক সুখী কৰিবলৈ সকলো কৰিব পাৰে সি। তাইৰ কাৰণেই সি মায়াৰ লগত আজিকালি আগৰ দৰে লাগি নাথাকে, মায়াৰ কথা নকয়। মাথো পৰিণীতা সুখী হওক। তাৰ সমস্ত পৃথিৱীখন সুখী কৰি তুলিব পাৰে পৰিণীতাৰ এটা হাঁহিয়ে।
তথাপি যেন সম্পৰ্কটোৰ কোনোবাখিনিত কিবা এটা আউল লাগিছে। অনুৰাগে যিমানেই চেষ্টা কৰে মায়াক সিহঁতৰ সম্পৰ্কটোৰ পৰা আঁতৰাই ৰাখিবলৈ, পৰিণীতাই সিমানেই সকলো কথাতে মায়াক সাঙুৰি আনে।
সেইদিনা সিহঁতৰ Assignment Submit কৰাৰ তাৰিখ আছিল। পৰিণীতাই সোনকালেই কৰিলে। অনুৰাগৰ অলপ দেৰি হ'ল। ইফালে অনুৰাগৰ মোবাইলটো কিবা কাৰণত পৰিণীতাৰ হাতত ৰৈ গৈছিল। অকলে অকলে পৰিণীতা ব'ৰ হৈ আছিল। অনুৰাগৰ মোবাইলত মেছেজৰ ন'টিফিকেচন বাজি উঠিল,
"One New Massage From Maya"
অলপো সময় নোৰোৱাকৈ পৰিণীতাই অনুৰাগৰ মোবাইলত মায়াৰ মেছেজটো খুলি চালে।
"ক্লাছ শেষ হোৱাৰ পিছত ফোন কৰিবিছোন, আৰজেণ্ট"
পৰিণীতাই অনুৰাগ আৰু মায়াৰ মেছেজবোৰ পঢ়িলে
: তই আজিকালি ক্লাছত ইমান irregular কিয় হৈছ? আৰু ক্লাছত থাকিলেও মন নিদিয়। Anything Wrong Maya??
: নাই অ' তেনেকুৱা একো নাই। মাৰ অসুখটো বেছি হৈ আহিছে, অনবৰতে মই লাগিয়ে থাকিব লাগে। আৰু শুনছোন মায়ে সেইদিনা তোৰ কথা সুধিছিল। সময় মিলে যদি এবাৰ খবৰ লৈ যাবিহি চোন।
: ময়ো বহুত অশান্তিত আছো মায়া। পৰিণীতাই সকলো কথাতে কিবা নহয় কিবা এটা খুট উলিয়াই, সন্দেহ, কাজিয়া কৰে। তাই আগৰ পৰিণীতা হৈ থকা নাই অ'।
: তই চাগে তাইক মৰম নকৰ! তাইক দোষ দিলে কি হ'ব তয়ো কম দন্দুৰা নে!
: বাদ দে এইবোৰ। ভালকৈ থাকিবি। আৰু শুন,
"I miss the old you"
: I miss our old days!"
পৰিণীতাক দুখ নিদিবি অনুৰাগ।
এটা ভালেপাৱাৰ ইম'জী দি সেইদিনালৈ কথা সামৰিলে সিহঁতে। আগলৈ আৰু পঢ়িবলৈ পৰিণীতাৰ সাহস নহ'ল। তাই অস্থিৰ হৈ পৰিল। এতিয়াই জানো অনুৰাগৰ মোবাইলটো দলিয়াই দিব, এতিয়াই জানো মায়াক দুটা চৰ মাৰিব। মায়াৰ মেছেজটোৰ কথা তাই অনুৰাগক নজনালে।
মায়াৰ আৰজেণ্ট্ বোলা শব্দটোক সামান্যমানেও গুৰুত্ব নিদিলে পৰিণীতাই। অনুৰাগ এই বিষয়ত অৱগতেই নহয়।
প্ৰায় এমাহৰ মূৰত মায়া কলেজলৈ আহিল।
(আগলৈ)
পৃষ্ঠাঃ ১০
অনুগল্পঃ
আমাৰ কলাগুৰু
" আইতা সঁচা কথা কওক আপোনাৰ ঘৰত বিষ্ণুপ্ৰসাদ ৰাভা লুকাই আছে নেকি? তেওঁক ধৰাই দিলে দহ হাজাৰ টকা পুৰস্কাৰ পাব আপুনি। " বৃটিছ পুলিচৰ কথাত আইতায়ে দাঁত চোবাই উত্তৰ দিলে-" মোৰ এনে উৰুখা পঁজাত বিষ্ণুৰ দৰে দেশ, ভাষা, সংস্কৃতিৰ বাবে কাম কৰা উজ্জ্বল তৰাটোক লুকুৱাই ৰাখিব পাৰোনে? যাহঁত ভিতৰলৈ গৈ চাই আহগৈ। " আইতাৰ কথাত পুলিচ সেই ঠাইৰ পৰা আঁতৰি গ'ল। জনতাৰ মৰমৰ আঁচলেৰে লুকুৱাই ৰখা কলাগুৰুজন সেইদৰেই বৃটিছৰ অত্যাচাৰৰ পৰা সেইবাৰলৈও সাৰি গৈছিল।
হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্যঃ ৭০০২৯৬১৩৬২
অন্তহীন বাসনা
ল’ৰাৰ পৰীক্ষাৰ ৰিজাল্ট পাই মাক-দেউতাক দুয়োটাই বকি আছে আৰু কেইটামান নম্বৰ পালে আজি টিভিত ইন্টাৰভিউ দি থাকিব পাৰিলোঁ হেতেন , নাই আমাৰ আৰু সেই ভাগ্য ক’ত ! আমাৰ ৯৪%তেই সন্তুষ্ট আৰু ৷
তেওঁলোকৰ বকনিত অতিষ্ঠ হৈ দেউতাকৰ মাক অৰ্থাৎ আইতাকে কৈ উঠিল পুতেক-বোৱাৰীয়েকক উদ্দেশ্যি - "হেৰৌ তহঁতে হিচাব কৰি চাচোন নিজৰ নম্বৰ কেইটা , তহঁতৰ নম্বৰ দুটা ল’গ কৰিলেও সি পোৱা নম্বৰটো হ’বলৈ কেইটামান নম্বৰ বাকী থাকিল হেতেন ৷ তাৰ পিছতো তহঁতৰ বাপেৰ মাৰ মানে আমি তহঁতক কিবা কৈছিলোঁ নে ! আৰু কেইটামান পোৱাহ’লে ...হুহ্ ক’বলৈ সহজ , পাবলৈ কষ্ট বহুত, নিজৰ ফলাফল দেখিও নুবুজিলি ! সুখী হ’বলৈ আৰু আনকো সুখ দিবলৈ শিক অলপ ৷"
নিৰুপমা ডেকা
৯৮৫৯৯৩৮৪১০
পৃষ্ঠাঃ ১১
এক মিনিটৰ গল্পঃ
পৰিণতি
দুয়োজনে লগ লাগি হিচাপ কৰি চালে, ৫০০০ টকা ।
৫০০০ টকা হ'লে বাৰীৰ চুকৰ চাম গছ ডাল বিক্ৰী কৰিব পাৰি , "মোৰ ২০০০ মান টকাৰ অত্যন্ত প্ৰয়োজন" ডাঙৰ জনে ক'লে , মুঠতে আমাৰ দুয়োৰে মাজত ২৫০০ কৈ পৰিব । গছ ডাল বিক্ৰী কৰিয়েই দিওঁ। ককায়েকে ভায়েকৰ উদ্দেশ্যি কৈ উঠিল
ভায়েকৰ মন নাছিল যদিও অৱশেষত , ভাৱি-গুণি ককায়েকৰ কথা পেলাব নোৱাৰি গছ জোপা বিক্ৰী কৰাৰ সিন্ধান্তই গ্ৰহণ কৰিলে । বোপা ককাৰ দিনৰে বাৰীৰ চুকৰ প্ৰকাণ্ড চামগছ জোপা বিক্ৰী কৰেনো কি সতে! ভায়েকৰ অনিচ্ছা সত্বেও ককায়েক অনিলে গছ ডাল বিক্ৰী কৰোঁ বুলিয়েই গাঁৱৰে বেপাৰী এজনক মাতি আনিলে আৰু পাঁচ হেজাৰ টকাৰ পাঁচশ টকা কমাই মুঠ পঞ্চলিচশ টকাত গছ ডাল বিক্ৰী কৰিলে ।
পইচা খিনি সমানে দুভাগ কৰিলে , কিন্তু ভায়েক বিৰেণে সেইঠাইতে আন এটা চাম গছৰ পুলি ৰুই থলে ।
গছজোপা কাটি পেলোৱাৰ লগে লগে বাৰীখনো উৰুঙা হ'ল । বিৰেণে গছ জোপা কাটি পেলোৱাৰ ফলত নিজকে বৰ অকলশৰীয়া যেন অনুভৱ কৰিলে । কিয়নো সি সেই গছ জোপাৰ তলৰ ছাঁতে বহি বিভিন্ন কাম কৰে , আজৰি সময়ত গছজোপাৰ তলতে বহি গছৰ ডালত পৰি গান গাই থকা চৰাইকেইজনীৰ আলেখ-লেখ চাই থাকে । কিন্তু গছ জোপা কাটি পেলোৱাৰ লগে লগে তালৈ চৰাই-চিৰিকটি বোৰো নহা হ'ল , বাৰীখনৰ আধা ফাল ৰ'দ পৰি থকা হ'ল , ছাঁ অকণমানৰো অভাৱ ঘটিল , গৰমৰ দিনত বিশুদ্ধ বতাহ এচাটিও নমৰা হ'ল । অনিলৰ কিন্তু সেইবোৰলৈ ভ্ৰক্ষেপ নাই। বিৰেণেহে সেইবোৰ ভাৱি থকা হ'ল , গছজোপায়েই বাৰীখন শুৱনি কৰি আছিল , গছজোপা কাটি পেলোৱাৰ ফলত বাৰীখন যেন লঠঙা হৈহে পৰিল । সেইজোপা বোপা ককাৰ দিনৰে গছ , গছ জোপা কাটি কিবা জগৰহে লগালো নেকি ? এনেবোৰ কথা তাৰ মনত পাগুলিব ধৰিলে ।
এনেকৈয়ে এবছৰ পাৰ হ'ল , গছপুলিটোৱেও অকণমান গা কৰিছে । ফাগুন মাহ আহিল , বৰদৈচিলা জনীয়েও নাচি বাগি মাকৰ ঘৰলৈ যোৱাৰ প্ৰস্তুতি চলালে , আৰু যাওঁতে সিহঁতৰ ঘৰৰ চালখন লুটিয়াই পেলাই নি বাঁহৰ আগত লগালেগৈ। ইফালে মুষলধাৰ বৰষুণত ঘৰৰ ভিতৰত থকা কাপোৰ কানি সকলো তিতি জুৰুলি-জুপুৰি হ'ল , বাৰীৰ কলগছ আৰু সৰু সৰু গছ কিছুমান বতাহে ভাঙি তহিলং কৰিলে । অনিলে তেতিয়াহে উপলব্ধি কৰিলে যে বাৰীৰ চুকৰ প্ৰকাণ্ড চামগছ জোপা কাটি পেলোৱাৰ বাবেহে এই দশা হ'ল । কিয়নো অতবছৰে একো অপকাৰ নকৰা ধুমুহা জাকে এইবাৰ বৰকৈ অনিষ্ট কৰিলে , অনিলে চাল নথকা ঘৰটোৰ ওপৰলৈ চাই মূৰে কপালে হাত দি বহি পৰিল , ভায়েক বিৰেণেও মনত বৰ বেজাৰ পালে । বিৰেণে মনৰ দুখতে অনিলক ক'বলৈ ধৰিলে --" বোপা ককাৰ দিনৰ গছজোপা বিক্ৰী নকৰো বুলি কোৱা সত্বেও তই বিক্ৰী কৰিলি , এতিয়া কষ্ট আমি ভোগ কৰিব লগা হৈছে , তাৰ দোষেই আমাকো পালে।" পিছে অনিল নিশ্চুপ, মনে মনে সকলো শুনি থাকিল কিয়নো ভুল নিজৰেই । এতিয়াহে অনিলে ৰন্ধে ৰন্ধে উপলব্ধি কৰিলে গছজোপা কাটি পেলোৱাৰ সমষ্ট বেদনা ।
স্বপ্নম জ্যোতি কলিতা
গোলাঘাট
পৃষ্ঠাঃ ১২
অনুবাদ কবিতাঃ
মূল কবিতাটি
THE ROAD NOT TAKEN
-Robert Lee Frost
Two roads diverged in a yellow wood
And sorry I could not travel both
And be one traveler,long I stood
And looked down one as far as I could
To where it bent in the undergrowth;
Then took the other, as just as fair,
And having perhaps the better claim,
Because it was grassy and wanted wear;
Though as for that the passing there
Had worn them really about the same,
And both that morning equally lay
In leaves no step had trodden black.
Oh,I kept how for another day!
Yet knowing how way leads on to way,
I doubted if I should ever come back.
I shall be telling this with a sigh
Somewhere ages and ages hence:
Two roads diverged in a wood,and I-
I took the one less traveled by,
And that has made all the difference.
অনুবাদ- প্ৰাণ কৃষ্ণ গোস্বামী
(ভ্ৰাম্যভাষঃ +৯১ ৯৯৭১৪-৭৭৪০০)
লুণীয়া পানীৰ মালিতা
(চেছল' মিল'জ, ১৯১১-২০০৪)
যি বাটে যোৱা নহ'ল
-ৰবাৰ্ট লী ফ্ৰষ্ট,(১৮৭৪-১৯৬৩)
অনুবাদ-প্ৰাণকৃষ্ণ গোস্বামী
দুফালে যোৱা দুটা বাট হালধীয়া পাতৰ হাবিখনত
আৰু দুখিত যে নোৱাৰিলোঁ যাব দুয়োটা বাটেৰে
মই এজনেই পথিক বাবে,বহুপৰ থাকিলোঁ ৰৈ
আৰু চকুৰে মণিব পৰালৈকে চাই ৰ'লো এটা বাটেৰে
বেঁকা হৈ বাটটো হাবিৰ মাজত অদৃশ্য হোৱালৈকে;
তাৰ পিচত সচৰাচৰভাৱে,আগবাঢ়িলোঁ আনটোৰে,
আৰু বোধহয় দুইটাৰ ভিতৰত ভাল বুলিব পৰা
কাৰণ বাটটো আছিল ঘাঁহে ঢকা,নভগা-নিছিগা,
অৱশ্যে ওপৰেদি অহা-যোৱাৰ ফলত ক্ষয়-ক্ষতি
আচলতে দুয়োটা বাটৰে প্ৰায় একেই আছিল,
আৰু সেই পুৱা একেই লাগিছিল দুয়োটা বাট
ঘাঁহ-পাতবোৰো মৰহা নাছিল কাৰো গছকত ৷
অ:,মই প্ৰথমটো বাট আন এদিনৰ বাবে থ'লোঁ
যদিওবা জানিছিলোঁ কেনেকৈ 'বাটে পোৱালি মেলে',
সন্দেহ আছিল মই যে কেতিয়াবা ঘূৰি আহিম ৷
ক'ৰবাত আজিৰ পৰা বহু বছৰৰ পিচত
এটা হুমুনিয়াহ কাঢ়ি মই এই কথা ক'ম:
এখন হাবিত দুটা বাটৰ আলি-দোমোজা আৰু মই,
মই আগবাঢ়িছিলোঁ কম খোজপৰা বাটটোৰে,
আৰু সেইটোৱেই কৰিছিল সকলো বেলেগ ৷
(০৯/০৬/২০২০)
【 ৰবাৰ্ট লী ফ্ৰষ্ট(১৮৭৪-১৯৬৩) এজন আমেৰিকান কবি আছিল যদিও তেওঁৰ লেখা প্ৰথমে ইংলেণ্ডতহে প্ৰকাশিত হৈছিল ৷ তেওঁৰ লিখনিত অধিক সংখ্যক লিখনী গ্ৰাম্য জীৱন ভিত্তিক আছিল ৷ কবিতাৰ বাবে তেওঁ চাৰিবাৰকৈ পুলিটজাৰ বঁটাৰে সন্মানিত হৈছিল ৷】
পৃষ্ঠাঃ ১৩
কবিতাঃ
উত্তৰ দিয়ক
……………………………………………….
কিনো অন্ধ আক্রোশত
ক্রুদ্ধ-লুব্ধ বিভৎস বিধ্বংসী বানে
বিধ্বস্ত কৰিলে আমাৰ
সপোনে ওমলা সুশোভিত সেউজ পথাৰ ?
উত্তৰত-
আপুনি দিয়ে আমাক
টিৰ্পাল, চাউল-চিৰা,
স্কুল বেগ, পানীৰ বটল।
ভীমসেনে ভাঙিব নোৱাৰা
দ্রোণাচাৰ্য নিৰ্মিত চক্রবেহুৰ প্রতিশ্রুতিত
আপুনি আমাক উপহাৰ দিয়ে বালিৰ মথাউৰি।
অভিমন্যুৰূপী তৰুণ বানৰ
মাথোন এপাট বাণে তচ্নচ্ কৰে
আপোনাৰ অহংকাৰী অংগীকাৰ।
আপোনাৰ কৰ্ণগোচৰ নহয়
অভিমন্যুৰ আত্রাণি চিত্কাৰ !
আপুনি ব্যস্ত হয় নিচুকনিৰ দিনবোৰত
পুত্র শোকত বিহ্বল গান্ধাৰীৰ ক্রন্দনত।
মনত ৰাখিব,
আপুনি আমাৰ সেৱক
ঈশ্বৰ নহয় !
উন্নতিৰ জখলাত বগাব খুজি
যিদিনা পিছলি পৰিব
শেলুৱৈ পিছল অজগৰ শৰীৰত...
সেইদিনা-
সেইদিনা কোনো নথাকিব চাবলৈ
আপোনাৰ ধৃতৰাষ্ট্র চকুৰ লোতক #
জিতেন নৰহ
লক্ষীমপুৰ
পৃষ্ঠাঃ ১৪
এদিন তেওঁ নিশ্চয় আহিব
--------------------------------------------------
এদিন তেওঁ নিশ্চয় আহিব
আকাশী পথেৰে
সোণালী ৰথেৰে .....
শংখনিনাদেৰে মুখৰিত হ'ব
আকাশ বতাহ
থৰথৰকৈ কঁপি উঠিব
ধৰিত্ৰী
জোনাকময়তাৰে উপচি পৰিব
তেওঁৰ সুঠাম দেহ
গুৰুগম্ভীৰ পদধ্বনিৰে
তেওঁ যিফালেই যাব
সিফালেই বিয়পি পৰিব
তেওঁৰ ব্যক্তিত্বৰ আলোক
এলান্ধুকলীয়া পৰম্পৰাবোৰ
তেওঁ ভাঙি পেলাব
যি পৰম্পৰাই আমাক
সাতামপুৰুষীয়া এখন জগতত
বান্ধি ৰাখিছে আজিও
ভৰিৰে মোহাৰি পেলাব
ধৰ্মৰ প্ৰাচীন সংস্কাৰ
যি ধৰ্মই আমাক দিছে
জাতিগত হিংসা আৰু ব্যভিচাৰ
নিৰ্যাতিতা নাৰী
আৰু নিষ্পাপ শিশুৰ মুখত
তেওঁ আকৌ ফুলাব
হাঁহিৰ ফুল
তেওঁৰ আকুল আহ্বানত
সাৰ পাই উঠিব নিদ্ৰিত মানুহবোৰ
শোষণ আৰু বঞ্চনাৰ হলাহল পি
যি আকণ্ঠ ডুবি থাকে
দুখৰ সমূদ্ৰত
সচেতন মানুহবোৰ আকৌ জাগ্ৰত হ'ব
চেপা খাই থাকে যাৰ চিন্তা- চেতনা
নৃশংস শাসকৰ ভয়ত
তেওঁ নিশ্চয় গঢ়িব
এখন শ্ৰেণীহীন সমাজ
যি সমাজত অভিজাত আৰু দৰিদ্ৰৰ
কোনো সংজ্ঞা নাথাকিব
নাথাকিব দৰিদ্ৰতাৰ অভিশাপেৰে অভিশপ্ত
বিষন্ন জুপুৰিবোৰত
ভোকাতুৰ মানুহৰ ক্ৰন্দন
তেওঁৰ আলোকেৰে আলোকিত হ'ব
মোৰ দেশ মোৰ মাটি
আঁতৰি যাব
প্ৰাচীন দুখৰ সকলো এন্ধাৰ
এদিন নিশ্চয় আহিব
সেই ঈশ্বৰ পুত্ৰ
সন্ত্ৰাস জৰ্জৰিত পৃথিৱীলৈ
শান্তিৰ দূতহৈ
আৰু আমি নতজানু হ'ম
তেওঁৰ আশীষ বিচাৰি ।
দীপাঙ্কৰ কলিতা
মোবাইলঃ ৯১০১৭০৫২০৪
বীৰপাৰা (বকো), কামৰূপ ( অসম )
পৃষ্ঠাঃ ১৫
হে শিল্পী
-----------------------------------------------------------
জ্যোতি প্ৰসাদ প্ৰাণৰ শিল্পী
তুমি চিৰ জ্যোতিষ্মান
শিল্পী তুমি সেনানী তুমি
তুমি অসমীৰ সন্তান
আলোকলৈ তুমি কৰিলা যাত্ৰা
কৃষ্টিৰ পূজাৰী হৈ
মাত উলিয়ালা নিমাতি কন্যাৰ
যত্নৰ বলেৰে ঐ
তুমিয়েই দিলা ডেকা গাভৰুক অগ্নি -মন্ত্ৰ দান
তুমি পিন্ধালা সুৰৰ কবচ
নৱ জোৱানৰ তান
গদাপানীৰ পত্নী জয়মতীক আনি
ৰূপালী পৰ্দাত থলা
আইদেউ সন্দিকৈক সজাই জয়মতী
অসমীয়া জীয়ৰীক নৱ বাট দেখুৱালা
তোমাৰ সুৰত সাৰপালে জগত সাৰ পালে অসমী আই
হে সুৰৰ পূজাৰী তোমাৰ সুৰৰ মধুৰ ৰাগিনী
ক'তো যে পাবলৈ নাই
তুমি শিল্পী প্ৰাণৰো প্ৰাণৰ
তুমি অসমীৰ জ্যোতি
সত্য শিৱ সুন্দৰৰ পূজাৰী
থাকিবা আজীৱন জিলিকি
য'তে আছা তুমি মাতৃৰ পূজাৰী
সোঁৱৰিছোঁ তোমাক শতবাৰ
জন্ম দিৱসত জনাওঁ তোমাক
শত কৌটি নমস্কাৰ।।
অমিয়া গোস্বামী
জ্যোতি প্ৰসাদ প্ৰাণৰ শিল্পী
তুমি চিৰ জ্যোতিষ্মান
শিল্পী তুমি সেনানী তুমি
তুমি অসমীৰ সন্তান
আলোকলৈ তুমি কৰিলা যাত্ৰা
কৃষ্টিৰ পূজাৰী হৈ
মাত উলিয়ালা নিমাতি কন্যাৰ
যত্নৰ বলেৰে ঐ
তুমিয়েই দিলা ডেকা গাভৰুক অগ্নি -মন্ত্ৰ দান
তুমি পিন্ধালা সুৰৰ কবচ
নৱ জোৱানৰ তান
গদাপানীৰ পত্নী জয়মতীক আনি
ৰূপালী পৰ্দাত থলা
আইদেউ সন্দিকৈক সজাই জয়মতী
অসমীয়া জীয়ৰীক নৱ বাট দেখুৱালা
তোমাৰ সুৰত সাৰপালে জগত সাৰ পালে অসমী আই
হে সুৰৰ পূজাৰী তোমাৰ সুৰৰ মধুৰ ৰাগিনী
ক'তো যে পাবলৈ নাই
তুমি শিল্পী প্ৰাণৰো প্ৰাণৰ
তুমি অসমীৰ জ্যোতি
সত্য শিৱ সুন্দৰৰ পূজাৰী
থাকিবা আজীৱন জিলিকি
য'তে আছা তুমি মাতৃৰ পূজাৰী
সোঁৱৰিছোঁ তোমাক শতবাৰ
জন্ম দিৱসত জনাওঁ তোমাক
শত কৌটি নমস্কাৰ।।
অমিয়া গোস্বামী
পৃষ্ঠাঃ ১৬
ক'ৰ'ণাৰ কৰুণা
("ক" বর্ণৰ বিশেষ কবিতা)
------------------------------------------------------------
ক'ৰ'ণাৰ কবলত কর্মহীনাৰ কোলাহল ।
কোনে - ক'ত - কেনেকৈ - কি কৰিছে ?
কোৰোবাত কান্দোন ক'ৰ'ণাক্রান্তৰ ,
কোৰোবাত কলৰোল কুসন্ধিত কাঁতৰ কলমল ।
কু-পৰিণতিৰ কালৰাত্ৰিত
ক'ৰ'ণাৰ কৰুণা কামনা কৰি
কল্পনাৰ কলাঘুমটি,
কলি কালত ক'ৰ'ণাই
কল্মষৰ কাজল কপটতাত কলুষিত ।
ক'ৰ'ণাৰ ক্লান্তি কেনেকৈ - কেতিয়া ?
ক'ৰ'ণাৰ কুদৃষ্টিত কুকণা কঢ়িয়াই
কোটি কোটি কফিনৰ কুৰুলি ।
কোৱাৰেইণ্টাইনৰ কয়দীতকৈ,
কষ্টৰ কাৰাৰুদ্ধতাই কমনীয়।
কামনা ক'ৰ'ণাৰ কৰুণাৰ ।
সাগৰিকা গোস্বামী
সংস্কৃত সংহত পাঠ্যক্ৰমৰ ষষ্ঠ ষান্মাষিকৰ ছাত্ৰী
দূৰভাষ নং - ৭০০২৮৫৫৮০১
পৃষ্ঠাঃ ১৭
সঁচাই যদি ভাঙিল হেতেন শিকলি
------------------------------------------------------------------
লৌহকঠিন দেহাৰে কিমান যুঁজিলা,
উদাত্ত কন্ঠেৰে কিমান চিঞৰিলা "ভাং ভাং ভাং...
কিমান আছিল ভাঙিবলৈ
কিমান আছিল চিঙিবলৈ
দাসত্বৰ শৃখল
পৰাধীনতাৰ জিঞ্জিৰি
বাকৰূদ্ধতাৰ চিটকিনি
শোষণৰ নাগপাশ
মেৰাই আছে জাতিৰ চৌপাশ
নোৱাৰোনে ল'ব শপত আজি
আমাৰ খিনিকে আপোন কৰি
আমাৰ বোৰকে লৈ হওঁ সুখী ?
এদিনৰ শ্ৰদ্ধাঞ্জলিৰে তোমাক শুধিছোঁ,
ৰাভাদেউ,
জাতিৰ আঁউসীৰ এতিয়া কিমান ৰাতি ?
নোৱাৰিনে চিঙিব কিছু নেদেখা জিঞ্জিৰি ?
দেশত প্ৰবজন শাসকেই মানে,
ভাষাত প্ৰবজন ,অসমীয়াই নিজেই আনে,
বিদেশী লিপিৰে লিখি বুকুৰ অনুভৱ
কৃষ্টিৰ কথা কৈ কৰে গৌৰৱ।
ৰাভাদেৱ,
পোহৰ হ'বলৈ আৰু কিমান বাকী ?
সপোন এটিৰে জনাওঁ প্ৰণতি
সঁচাই যদি ভাঙিল হেতেন শিকলি !
( বিষ্ণুৰাভাৰ মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি জনাই অপৈনত কাপৰ অনুভৱ এটি আগবঢ়ালোঁ।)
বাসন্তী ফুকন বৰবৰুৱা
লৌহকঠিন দেহাৰে কিমান যুঁজিলা,
উদাত্ত কন্ঠেৰে কিমান চিঞৰিলা "ভাং ভাং ভাং...
কিমান আছিল ভাঙিবলৈ
কিমান আছিল চিঙিবলৈ
দাসত্বৰ শৃখল
পৰাধীনতাৰ জিঞ্জিৰি
বাকৰূদ্ধতাৰ চিটকিনি
শোষণৰ নাগপাশ
মেৰাই আছে জাতিৰ চৌপাশ
নোৱাৰোনে ল'ব শপত আজি
আমাৰ খিনিকে আপোন কৰি
আমাৰ বোৰকে লৈ হওঁ সুখী ?
এদিনৰ শ্ৰদ্ধাঞ্জলিৰে তোমাক শুধিছোঁ,
ৰাভাদেউ,
জাতিৰ আঁউসীৰ এতিয়া কিমান ৰাতি ?
নোৱাৰিনে চিঙিব কিছু নেদেখা জিঞ্জিৰি ?
দেশত প্ৰবজন শাসকেই মানে,
ভাষাত প্ৰবজন ,অসমীয়াই নিজেই আনে,
বিদেশী লিপিৰে লিখি বুকুৰ অনুভৱ
কৃষ্টিৰ কথা কৈ কৰে গৌৰৱ।
ৰাভাদেৱ,
পোহৰ হ'বলৈ আৰু কিমান বাকী ?
সপোন এটিৰে জনাওঁ প্ৰণতি
সঁচাই যদি ভাঙিল হেতেন শিকলি !
( বিষ্ণুৰাভাৰ মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি জনাই অপৈনত কাপৰ অনুভৱ এটি আগবঢ়ালোঁ।)
বাসন্তী ফুকন বৰবৰুৱা
পৃষ্ঠাঃ ১৮
কথাৰ বৰষুণ
------------------------------------------------------
লেথাৰি নিচিগা কথাৰ বৰষুণ যদিও
তিতি লেপজেপ হ'ব পৰা নাই
আমনিও লগাব পৰা নাই
সম্প্ৰতি চহৰখনত এতিয়া
কলিজাটো থুকুচি ধুব পাৰিম বাৰুকৈয়ে
কথাৰ ফুলজাৰিত
অনাহকত কথাৰে চিঙি দুভাগ কৰা সুঁতিটোলৈ
উভতি যাবও নোৱাৰো এতিয়া
পাকলগা বৰষুণজাকে
ক'ত বা তিয়াই
কথাৰে সমস্ত সুশৰীৰ ।
------------------------------------------------------
লেথাৰি নিচিগা কথাৰ বৰষুণ যদিও
তিতি লেপজেপ হ'ব পৰা নাই
আমনিও লগাব পৰা নাই
সম্প্ৰতি চহৰখনত এতিয়া
কলিজাটো থুকুচি ধুব পাৰিম বাৰুকৈয়ে
কথাৰ ফুলজাৰিত
অনাহকত কথাৰে চিঙি দুভাগ কৰা সুঁতিটোলৈ
উভতি যাবও নোৱাৰো এতিয়া
পাকলগা বৰষুণজাকে
ক'ত বা তিয়াই
কথাৰে সমস্ত সুশৰীৰ ।
ৰতন শদিয়াল
পৃষ্ঠাঃ ১৯
নাভাৱো মই কৰ'ণাক মহামাৰী বুলি
----------------------------------------------------------------------
নাভাৱো মই কৰ'ণাক মহামাৰী বুলি...
যদিওবা জীৱনলে মাতিছে অমানিশা
ঈশ্বৰপ্ৰদত্ত এইখনেইতো আমাৰ মোহনীয়া পৃথিৱী
যাৰ কোলাত আমি শিশুৰ দৰে ওমলিছোঁ
খেলিছোঁ, হাঁহিছোঁ
তথাপি এই আইৰ বুকুতে শেল বহোৱাই
আমি অৰ্থ উপাৰ্জনৰ আহিলা সাজিছোঁ
জীৱশ্ৰেষ্ঠৰ আখ্যা দিয়া আমিয়েতো দানৱৰূপী মানুহ
জীৱকুলৰ শত্ৰু
এইয়া জানো জীৱশ্ৰেষ্ঠৰ কৰ্ম ?
নাভাৱো মই কৰ'ণাক মহামাৰী বুলি...
নিৰ্মম অত্যাচাৰৰ বলি হোৱা পৃথিৱীয়ে
আজি কৰ'ণাৰ বলতেই প্ৰাণ খুলি হাঁহিছে
সজাত বন্দী চৰাইবোৰেও মুক্ত হৈ
নীল আকাশত বিচৰণ কৰিছে
'যেনে কৰ্ম তেনে ফল'
কৰ'ণা যেন ভগৱানৰে দান
অত্যাচাৰি মানৱক দিছে প্ৰতিদান
আজি গৃহবন্দী জীৱশ্ৰেষ্ঠ
প্ৰাণৰ মমতাত
কোলাহলহীন প্ৰকৃতিয়ে গাইছে মুকুতিৰ গান
সেয়ে নাভাৱো মই কৰ'ণাক মহামাৰী বুলি...
জিণ্টি ডেকা
গুৱাহাটী
পৃষ্ঠাঃ ২০
সময় আৰু সম্পৰ্ক
এচোৰা দীঘলীয়া সময় আছিল
তোমাৰ ওচৰত ,
সম্পৰ্কত ৰং ঢালিবলৈ
ৰঙা ৰং
আৰু তুমি বাচি ল'লা আন্ধাৰৰ দৰে ক'লাবোৰ
তোমাৰ শব্দত চিটিকি পৰিছিল ক'লা মোৰ চৌপাশে
মই পুৰি ছাই হোৱা এঙাৰৰ দৰে হৈছিলো
আজি তোমাক ধৰি ৰাখিবলে
চেষ্টা নকৰোঁ মই ,
হয়তো মই তুমি ভবা দৰে নহয়
বজাৰৰ গেলা মাছ
নাক কুচাই আঁতৰি যাব ল'গা
প্ৰতিটো অজুহাতৰ আঁৰৰ
মিছাবোৰে
ভাওবোৰে
মোৰ চকুৰ কোণত কুটকুটাইছিল
নীৰৱে সহ্য কৰিছিলোঁ প্ৰতাৰণাৰ বেত্ৰাঘাত
তুমি কোৱা
প্ৰশ্ন কৰিছোঁ নেকি কেতিয়াবা ?
মোক অৱহেলা কৰাৰ কাৰণ সুধি ?
অভিনয় কৰি ভালপাওঁ মই
শক্তি পাওঁ জীৱন জীয়াৰ ,
ভাগৰি ভাগৰি আকৌ
মূৰ তুলি থিয় হওঁ
কেতিয়াবা নিসংগতাই প্ৰশ্ন কৰে
হাঁহি বোৰ ক’ত হেৰাল ,
নে কাৰোবালৈ সাঁচি ৰাখিছ
তেওঁ পুনৰ উভতিব বুলি ?
এতিয়া সময় শেষ হওঁ হওঁ
হেঙুলীয়া বেলি নদী লুকাই যোৱাৰ পৰ
সময়ৰ গতিত ঠুনুকা হৈ অহা সম্পৰ্কৰ মাৰলী ভগা পৰত
মোৰ বেদনাসিক্ত হৃদয়ৰ প্ৰাৰ্থনা
তুমি কুশলে থাকা ।।।
ডিম্পী ডেকা
নলবাৰী
পৃষ্ঠাঃ ২১
অনুভৱৰ চকুলো
------------------------------------------------------
লিখিবলৈ লৈছো কবিতা
কবিতা নহয় ৷ মোৰ মনৰ অনুভৱ ৷
কি লিখো বাৰু
ভাৱবোৰ হয় খেলি-মেলি,
আকাশত কলীয়া ডাৱৰ
বিশ্বত কৰ'না মহামাৰী
ভয় সন্ত্ৰাস আৰু সমধাবিহীন সমস্যা
চাৰিওফালে আৰ্তনাদ,
মৃত্যুৰ কৰুণ বিভীষিকা
ঘৰে ঘৰে বন্ধ দুৱাৰ ৷
গাৱে-ভূঞে,নগৰে-চহৰে
অলিয়ে-গলিয়ে মাথোঁ অন্ধকাৰ,
কিন্তু,এতিয়া প্ৰকৃতি সজাল
সেউজী সেউজী,সেউজীয়া
নদীৰ পানীত যেন ফটিকৰ ধাৰ৷
নাই প্ৰদূষণ,নাই ধোৱাৰে
আৱৰা কজলা বৰণ,
চৰাই উৰিছে মুকলি মনে
জীৱ-জন্তুৰ মুক্ত বিচৰণ ৷
সময় মানৱ জাতিৰ বাবে কিন্তু
এতিয়া ভয়ংকৰ অগ্নি পৰীক্ষাৰ
কলম তুলি ললেই
চকুৰ আগত ভাঁহি আহে
মৃত্যু উপত্যকা ৷
বাগৰি আহে অনুভৱৰ চকুলো
সেয়েহে নেদেখাজনক কৰিছো প্ৰণাম,
কৰিছো আশাৰে এটি
নতুন প্ৰভাতৰ প্ৰতীক্ষা ৷
অদিতি খাউণ্ড
শিৱসাগৰ
পৃষ্ঠাঃ ২২
অনুভৱঃ
নিঃসংগতা
"নিসংগতা" আৰু আমাৰ মানৱ জীৱন কিবা প্ৰকাৰে হ'লেও ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে। জীৱন আছে মানে নিসংগতা থাকিব অনন্ত কাললৈ। সুখৰ বোকোচাত উঠি যিদৰে দুখ আহে ঠিক তেনেকৈয়ে সংগ থাকিও কেতিয়াবা তাৰ মাজতে নিজকে নিসংগ বুলি ভাবি মনে হাঁহাকাৰ কৰি উঠে। কি আছে মোৰ সকলো থাকিও অাজি মোৰ একো নাই। ধন, সম্পত্তি সকলোৰে সৈতে অাজি মই বিখ্যাত বুলিয়ে খ্যাত কিন্তু তাৰ মাজতো নিসংগতা, এই শব্দটোৱে খেদি ফুৰিছে কেতিয়াবা জ্ঞাতে আৰু কেতিয়াবা অজ্ঞাতে। লোকৰ লগত সুৰ মিলাই হাঁহিবলৈ ময়ো চেষ্টা কৰিছোঁ কিন্তু তাৰ মাজতো বিফল হৈ পৰোঁ। এইয়াই জানোঁ নিসংগতা নহয়। এন্ধাৰৰ মাজতো পোহৰক খেপিয়াই চাওঁ কিজানিবা নিসংগতাৰ সুযোগ লৈ এন্ধাৰে গ্ৰাস কৰি পেলায় মোৰ সমস্ত শৰীৰ। হাজাৰ ন ন সপোন দেখিব মন যায় কিন্তু হঠাৎতে দুভৰি থমকি ৰয়। যেতিয়া ক'বলৈ মন যায় অনেক কথা কিন্তু শুনা মানুহৰ অভাৱে বাৰুকৈয়ে হতাশগ্ৰস্ত কৰি তোলে । তেতিয়াই আকৌ এবাৰ মনত পৰে মোৰ লগৰী মাথোঁন নিসংগতা। বহুত বন্ধু বান্ধৱৰ সৈতে সুন্দৰ সম্পৰ্ক কিন্তু তাৰ মাজতো নিজকে অকলশৰীয়া ভাৱ হয় এইয়াই নিসংগতা।
নিসংগতাৰ পৰা নিজকে আঁতৰাবলৈ কিছুমানে আশ্ৰয় লৈছে নিচা কিম্বা অন্য পথৰ যাত্ৰী হৈ। কোনোৱে আকৌ কাব্যিক ভাষাৰে ভৰাই পেলাইছে একো একোটা বগা কাগজৰ পৃষ্ঠা । কিজানিবা কবিতাৰ ভাষাই আঁতৰাই পেলাব নিসংগতা। কোনোৱে মাজ নিশা তিতা মিঠা অভিজ্ঞতাবোৰ খেপিয়াই নিৰৱে টুকিছে চকুলো। গাৰুটিকে সাৱটি কি এক কষ্টময় ক্ষণ এইয়া কিজানিবা গাৰুটিয়েও কৰিছে তেওঁক ইতিকিং।শেষত এটাই কথা কওঁ নিসংগতা মানুহৰ জীৱনত থাকিবই। হয়তো আপুনি অথবা মই অট্টালিকাৰ গৰাকীয়ে হওঁ নাইবা ফুটপাথৰ দুৰ্গন্ধময় পথৰ নৈশ যাপন কৰা ব্যক্তি। নিসংগতা আমাৰ চিৰ লগৰী। এইয়াই চিৰসত্য।
হিমাক্ষী বৰ্মন
বৰপেটা(সৰ্থেবাৰী)
পৃষ্ঠাঃ ২৩
চুটি লেখাঃ
সমস্যাৰ সমাধান আছেনে বাৰু ?
দীপশিখা হাজৰিকা বৰুৱা
দুলীয়াজান।
সমস্যা মাথোঁ সমস্যা।চৌদিশে কেৱল সমস্যা আৰু সমস্যা । সৌ অলপ দিনৰ আগলৈ CAA ক লৈ সমস্যা, এতিয়া COVID-19 ক লৈ সমস্যা।টকা পইচাক লৈ সমস্যা, এগৰাকী মহিলাই এদিন মোক কলে, তেওঁৰ একমাত্ৰ ল'ৰাটোক লৈয়ে সমস্যা, মা'কৰ একমাত্ৰ পুত্ৰ সন্তানে চাকৰি বাকৰি নকৰি কৰ্মহীনভাৱে ঘৰতে সোমাই থাকে। চাকৰি কৰিবও নিবিচাৰে, বিয়াও কৰালে। এটি পুত্ৰ সন্তানৰ পিতৃও হ'ল।অনবৰত খোৱা লোৱাক লৈয়ে ব্যস্ত। অসুখীয়া শৰীৰে যে দেউতাকে কষ্টেৰে ধন উপাৰ্জন কৰি আছে পুত্ৰৰ তালৈ কাণসাৰেই নাই। আকৌ এদিন মোৰ এগৰাকী বান্ধৱীয়ে ক'লে-বুজিছা, আমাৰ সৰু ভাইটিটোক লৈয়ে বিৰাট সমস্যা। ইঞ্জিনিয়াৰ সি দৰমহাও ভাল তাৰ, অলপ চলপ drinks কৰে সি, স্বভাৱ-চৰিত্ৰও ভাল। কিন্তু কেতিয়াবা কেতিয়াবা তাৰ জানো কি জমক উঠে। মাজে মাজে অফিচলৈ নগৈ ঘৰতে সোমাই থাকে। কি কৰোঁ কোৱা চোন? মই নিৰুত্তৰ , কি উত্তৰ দিম বা সমাধান দিম?এনে অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হোৱা নাই যদিও তেওঁলোকৰ সমস্যা হৃদয়ঙ্গম কৰিব পাৰিছোঁ। মই ভাবো এনেকোৱা সমস্যাৰ আঁৰত থাকিব পাৰে বিশেষ চিকিৎসাৰ প্ৰয়োজনীয়তা।আমাৰ সমাজৰ কিমান পৰিয়ালে যে এনে সমস্যাত ভুগি আছে সেয়া হয়তো আমাৰ জ্ঞাত নহয়। যি মানেই দ্ৰুত গতিত বিজ্ঞানৰ আৱিস্কাৰ হৈছে, মানুহ শিক্ষিত হৈছে, সিমানেই হয়তো সমস্যাও বাঢ়িছে। অৱশ্যে সকলোৰে সমস্যাৰ কাৰণো ভিন্ ভিন্। সমস্যাৰে জৰ্জৰিত একোটি পৰিয়ালে সমস্যা সমূহ নিৰাময়ৰ বাবে বা মনৰ শান্তিৰ বাবে পূজা পাতল, জ্যোতিষী বা তান্ত্ৰিকৰ আশ্ৰয় লয়। মানুহ পৰিস্থিতিৰ দাস,পৰিস্থিতি সাপেক্ষে সমস্যাও ভিন্ ভিন্। সেয়েহে মানুহে সমস্যাৰ মুখা- মুখি হ'বলৈ শিকিব লাগে। যিকোনো সমস্যাতে মানুহ হতাশ হৈ পৰিব নালাগে। কিন্তু যি বোৰ সমস্যাৰ কোনো সমাধানেই নাই, তেনে সমস্যাৰ সমাধান বা নিৰাময়ৰ বাবে চেষ্টা নকৰাই মঙ্গল। তেনে পৰিস্থিতিৰ মুখা-মুখি হ'ব লাগে ধৈৰ্য, সাহস তথা সহনশীলতাৰে।
পৃষ্ঠাঃ ২৪
নিৱন্ধঃ
বাঢ়নী আৰু অসমীয়াৰ লোকবিশ্বাস
লোকবিশ্বাস,পৰম্পৰা আদিৰে পৰিপূৰ্ণ আমাৰ লোকসংস্কৃতি অতি চহকী আৰু বৈচিত্ৰ্যময়।আমাৰ প্ৰাত্যহিক জীৱনত এই লোকবিশ্বাস ,লোকচাৰসমূহে প্ৰভাব বিস্তাৰ কৰি আহিছে।সভ্যতাৰ বিকাশৰ লগে লগে পৰিবৰ্তনৰ ধুমুহাই জনজীৱনক চুই যোৱাৰ সময়ত এই লোকবিশ্বাসমূহ কিছু ম্লান হৈ পৰিছে যদিও একেবাৰে নাইকীয়া হৈ যোৱা নাই। সাম্পতিক সময়তো এই লোকবিশ্বাস, লোকচাৰসমূহৰ আদৰ বিদ্যমান।
বাঢ়নী অসমীয়া সমাজত এক প্ৰয়োজনীয় সামগ্ৰী।সাধাৰণতে ঘৰ চোতাল সাৰিবলৈ ব্যৱহাৰ কৰা হয় বাঢ়নী। এই বাঢ়নীক লৈ অতি প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত বহুতো লোকবিশ্বাস প্ৰচলিত হৈ আহিছে।সাধাৰণতে অসমীয়া মহিলাই বোৱাৰী পুৱাতে উঠি বাঢ়নীৰে চোতাল সাৰে। অসমীয়া মানুহে বিশ্বাস কৰে যে মতা মানুহে শুই উঠি নসৰা অৰ্থাৎ বাহি চোতাল গচকিলে অমংগল হয়। সেয়েহে ৰাতিপুৱাই অসমীয়া জীয়ৰী-বোৱাৰীয়ে চোতাল ঘৰ সৰা কাৰ্যক প্ৰসংসনীয় আৰু আদৰণীয় কাৰ্য হিচাপে গণ্য কৰা হয়।
বাঢ়নীৰে কু-মন্ত্ৰ কৰা হয় বুলি অসমীয়া সমাজত লোকবিশ্বাস আছে। ভূত-প্ৰেত আদিৰ ক্ষেত্ৰতো বাঢ়নীৰ ব্যৱহাৰ অপৰিহাৰ্য। ভূত-প্ৰেতে আক্ৰমণ কৰা কোনো লোকক বেজে মন্ত্ৰপুত কৰা বাঢ়নীৰে জৰা-ফুকা কৰিলে ভূত আঁতৰি যায় বুলি অসমীয়া সমাজত লোকবিশ্বাস প্ৰচলিত। আকৌ ৰাতি চুৰে বাঢ়নীৰ কাঠিক মন্ত্ৰপুত কৰি গৃহস্থক টোপনী বান মাৰি চোৰ কৰে বুলি মানুহে বিশ্বাস কৰে। সেয়েহে বহুতে ৰাতি বাঢ়নী সহজে বিচাৰি নোপোৱা ঠাইত থয়।
বাঢ়নী ওলোতাই ৰাখিলে ঘৰত কাজিয়াৰ সুত্ৰপাত হয় বুলি লোকবিশ্বাস আছে।আকৌ বাঢ়নী মুখামুখিকৈ ৰাখিলে ঘৰত ধাৰ লাগে বুলি বহুতে বিশ্বাস কৰে। বহুতে আকৌ খেতি নতুবা নাৰিকল ,তামোল আদি গছত বাঢ়নী আঁৰি দিয়ে, এনে কৰিলে খেতিডৰাত মানুহৰ কু-দৃষ্টি নপৰে বুলি অসমীয়া লোকে বিশ্বাস কৰে।
অতীতৰ পৰা এনেধৰণৰ বিভিন্ন লোকবিশ্বাস অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে।এই লোকবিশ্বাসবোৰৰ বৈজ্ঞানিক মানসিকতা যিয়ে নহওক কিয়, এইবোৰে কিন্তু অসমীয়া সমাজ জীৱনক অন্য এক স্বকীয়তা প্ৰদান কৰিছে।
ধৰ্মেন্দ্ৰ বৰুৱা
ফোন-৯৩৬৫৪২৯৯৯৫
বাইহাটা চাৰিআলি, কামৰূপ
পৃষ্ঠাঃ ২৫
গল্পঃ
সোণমইনাৰ লকডাউনৰ বন্ধু
অলকা গোস্বামী
মঞ্জুলা কামৰ পৰা আহি ঘৰ সোমায়েই ‘এণ্ট্ৰেন্সৰ’ বাওঁফালে থকা গা-ধোৱা
ঘৰত গা-ধুবলৈ সোমাল।কৰ’ণা মহামাৰীয়ে সমগ্ৰ পৃথিৱী ছানি ধৰিছে ।এনেকুৱা মহামাৰী মঞ্জুলাইহে নালাগে তাইৰ মাক-দেউতাকেও হেনো দেখা নাছিল। মঞ্জুলা আৰু গিৰীয়েক প্ৰীতমে বিদেশত ডাক্তৰী কৰে । যোৱা কিছুদিন ধৰি সিহঁত দুয়োটাই কাম কৰা হস্পিটেলখন ক’ভিডৰ বাবে সংৰক্ষিত কৰিলে।তেতিয়াৰ পৰাই দুয়োটাৰে খাৱন-শোৱন নাইকিয়া হৈছে ৷ ইফালে ঘৰত দুটাকৈ ল’ৰা ছোৱালী। ছোৱালীজনী এঘাৰ বছৰীয়া ,ল’ৰাটোৰ ছবছৰ পাৰ হৈছে । স্কুলবোৰ বন্ধ, কিন্তু ‘অন লাইন’ ক্লাছ চলি আছে। ছোৱালীজনীয়ে নিজৰ পঢ়া-শুনা সম্ভালিব পাৰে, পিছে ল’ৰাটোৰ ক্লাছ মানেই মঞ্জুলাৰ মূৰৰ বিষ। কামৰ পৰা আহি, গা-পা ধুই চাহ একাপ খাই তাই স্কুলৰ কাম কৰাবলৈ বহে । তাৰ পাচত ৰন্ধা-বঢ়া কৰি, খাই-বৈ উঠি, পাকঘৰ সামৰি বিছনালৈ যায় মানে তাইৰ দেহাই নটনা যেন লাগেগৈ । এই মহামাৰীৰ আগেয়ে ভদ্ৰ নামৰ অসমীয়া ল’ৰাটোৱে সপ্তাহত এদিন আহি কিছু ৰন্ধা-বঢ়া কৰি গৈছিলহি,তাৰে কেইসাজমান চলিছিল, বাকী কেইদিনৰ ৰন্ধা-বঢ়াৰ কাম তাই নিজে কৰে ৷ ক'ৰণা আৰম্ভ হোৱাৰ পৰা মানুহে তাক মাতিব নোৱাৰা হ'ল ৷
কেইবছৰমানৰ আগতে ভদ্ৰ নামৰ ল'ৰাটোক তাতে থকা ডা: শইকীয়াই বয়সীয়া দেউতাকক চোৱা-চিতা কৰিবলৈ নিজৰ গাঁৱৰ পৰা লৈ আহিছিল ৷ তিনি বছৰমানৰ পিচত শইকীয়াৰ দেউতাক ঢুকাল, ভদ্ৰ কিছু আজৰি হ'ল ৷ ৰন্ধা-বঢ়াত তাৰ হাতখন ভাল, ডা: শইকীয়াৰ অনুমতি সাপেক্ষে তাতে থকা ভাৰতীয় পৰিয়ালবোৰে মাজে-সময়ে এসাজ ৰান্ধিবলৈ ভদ্ৰক মতা হ'ল । লাহে লাহে ভদ্ৰক মাতিবলৈ মানুহে ' এপইণ্টমেণ্ট' ল'ব লগা হ'ল৷ ভদ্ৰৰ আমদানিও ভাল হ'বলৈ ল'লে, গতিকে সি গাঁৱলৈ ঘূৰি যোৱাৰ চিন্তা নকৰা হ'ল ৷ কৰ'ণা আৰম্ভ হোৱাৰ পৰা তাৰো আমদানিৰ মুদা মৰিছে।
মঞ্জুলাৰ কেতিয়াবা প্ৰীতমৰ ওপৰত খঙেই উঠে ৷ বিদেশত চাকৰি কৰিবলৈ কিয়বা আহিলে ? দেশত ডাক্তৰবোৰে কিবা খাবলৈ পোৱা নাই নেকি ? কিছুদিন ধৰি চাকৰি কৰি ঘূৰি যাম বুলি কৈ ঘূৰি যাবৰ মন নকৰা হ'ল ৷ তাৰ মতে দেশলৈ ঘূৰি গৈ পেচেণ্টৰ আত্মীয়ৰ মাৰ খাবলৈ যোৱাৰ কোনো দৰকাৰ নাই ৷ মঞ্জুলাৰ কিন্তু এতিয়াও পাৰিলে ঘূৰি যোৱাৰ মন ৷ নিজৰ দেশৰ খোৱা-বস্তুৰ সোৱাদেই বেলেগ,পূজা-পাৰ্বণ, বিয়া-সবাহৰ আনন্দ পাহৰি যোৱাৰ নিচিনাই হ'ল ৷ ইয়াত ৰাতিপুৱাৰ পৰা শোৱালৈকে কেৱল কাম আৰু কাম ৷ প্ৰীতমে সহায় কৰি দিলেও সেয়া কমেই হয়গৈ ৷ মেচিনত কাপোৰ ধোৱা,বাচন ধোৱা, ভেকুৱাম ক্লীনাৰেৰে ঘৰ চাফা কৰিলে কি হ'ব, কাপোৰ মোচা-এইবোৰ কম কাম নেকি ? কথাবোৰ পাগুলি পাগুলি গা-ধোৱা শেষ হ'লত পৰিস্কাৰ সাজযোৰ পিন্ধি তাই বাথৰুমৰ পৰা বাহিৰলৈ ওলাল ৷ মাকক দেখি ল'ৰাটো মানে সোণমইনাই দৌৰি আহি তাইক সাৱটি ধৰিলে ৷
"মা,কিবা এটা দেখুৱাম, আহাঁচোন, আহাঁ " বুলি তাইক ধৰি পাকঘৰলৈ টানি লৈ গ'ল ৷"মা,এইটো চোৱা চোন, চোৱা" বুলি পাকঘৰৰ ঢাকন থকা ডাষ্টবিনটোলৈ আঙুলিয়াই দেখুৱালে ঠিক সেই মূহূৰ্ততে, ক'ৰ পৰা জানো, ভেনামাখি এটা টুক কৰি উৰি আহি ডাষ্টবিনটোত পৰি আকৌ উৰি গ'ল ৷ এনেয়ে ম'হ-মাখি তাত দূষ্প্ৰাপ্য বস্তু, মাকে "সোণ, এইটো লেতেৰা মাখি, খেদাই দিওঁ ৰ'বা" বুলি কওঁতেই সোণমইনাই চিঞৰি উঠিল, "মা ,প্লীজ প্লীজ মা ৷ ইয়াক নেখেদিবা মা ৷ আজি মই ইয়াৰ লগতে খেলি আছোঁ,মই তাক ফ্ৰেণ্ড বনাইছোঁ ৷ কৰ'না শেষ হ'লেহে ইয়াক পঠাই দিম। মঞ্জুলাৰ অকণমানি নিসংগ ল'ৰাটোৰ কথাত হাঁহি উঠি গ'ল ৷ তাইৰ যেন দিনটোৰ দুখ-ভাগৰ নিমিষতে আঁতৰি গ'ল সোণমইনাৰ কথাত ৷ সোণমইনাৰ তাত লগ ভাগ এনেও কম ৷ তাতে আকৌ লকডাউন হোৱাৰ পৰা ল'ৰা-ছোৱালীবোৰো গৃহবন্দী হ'ল ৷সেয়েহে সি চাগে দিনটো মাখিটোৰ পিচতে ব্যস্ত হৈ আছে -বেচেৰাটো ৷
"হ'ব বাৰু সোণ ,নেখেদাওঁ বাৰু, পিচে এতিয়া গধূলি হ'বৰ হ'ল, তাৰো চাগে তোমাৰ লগত খেলি খেলি ভাগৰ লাগিছে ৷ সেয়ে তাক এতিয়া "আউট হাউচ" লৈ পঠিয়াই দিওঁ দেই' বুলি মঞ্জুলাই পাকঘৰৰ পিচ দুৱাৰখন খুলি দিলে আৰু লগে লগে মাখিটো বাহিৰলৈ উৰি গুচি গ'ল৷।
পৃষ্ঠাঃ ২৬
গল্পঃ
ভালপোৱা, দুটি আত্মাৰ মিলন
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ফোন ঃ 9401089869
ৰাতিপুৱা ৫ বাজিল কি নাবাজিল, অনিন্দিতাৰ আৰু শুবলৈ এক মিনিটো ধৈৰ্য নাথাকে। জাপ মাৰি বিচনাখনৰ পৰা উঠাৰ পাছতেই তাই ঈশ্বৰলৈ বুলি সেৱা এটি জনাই দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে। তাৰ পাছতেই এই পুহমহীয়া জাৰতো তাই অকনো সংকোচ নকৰাকৈ বাচন-বৰ্তন ধোৱাত লাগি যায়। তাকে দেখি অনলৰ বৰ দুখ লাগে। আনৰ ঘৈণীয়েকবোৰে চাগৈ ৭-৮ বজালৈ লেপৰ তলতেই উম লৈ শুই থাকে। আনহাতে সি অনিক বিয়া কৰাই আনি ইমান কষ্ট দিছে! অৱশেষত ধৈৰ্যৰ বান্ধটো ছিঙি এদিন সি অনিক ক’লে কথাটো। তাইৰ স্পষ্ট উত্তৰ, ‘’আপুনি মোক লৈ অকনো চিন্তা নকৰিব। এয়া মোৰ ছোৱালীকালৰে অভ্যাস। মায়ে আমাক শিকাইছিল আৰ্লি টু বেড আৰ্লি টু ৰাইজ।‘’ তথাপিও তাৰ বুকুৰ ভিতৰত কোনোবাখিনিত বিষায়। কেনেকৈ যে তাই ইমান চেঁচা পানীবোৰ চুই চুই...। তাৰ সৰ্বশৰীৰ ঠাণ্ডাত কঁপি উঠিল।
লাহে লাহে অনলেও ৫ বজাতেই উঠিবলৈ ল’লে। তাকে দেখি অনিন্দিতাই মুখ টিপিয়াই মনে মনে হাঁহে। নাই, অনলৰ এটাই উত্তৰ, ‘’তুমি বাচন-বৰ্তন ধোৱাত লাগিবা আৰু মই পঢ়া-শুনাত ব্যস্ত হ’ম। মুঠতে ঠাণ্ডটো আমি ফিফটি ফিফটি কৰিবই লাগিব।‘’ তেনেদৰে অজানিতে অনলৰ এটি নতুন অভ্যাসে গঢ় ল’লে।
বাচন-বৰ্তন ধোৱাৰ পাছতেই অনিয়ে হাতত টুথব্ৰাছ লৈ বাথৰূমত সোমায়। গা-পা ধুই ঈশ্বৰলৈ বুলি চাকি এগছ জ্বলোৱাৰ পাছতেই তাই ভাত ৰন্ধাত ব্যস্ত হয়। অনলৰ অন্য কাম নাথাকে বাবে পঢ়া-শুনাতে মজি থাকে। ৯ বজাৰ ভিতৰত অনিৰ ৰাতিপুৱাৰ কাৰ্যসূচীৰ এটা অধ্যায়ৰ সামৰণি পৰে আৰু ঘৰৰ বাকী সদস্যসকলেও আনন্দেৰে ভাতসাজ খাই নিজ নিজ কামলৈ যাবলৈ ওলায়। অফিচলৈ যোৱাৰ পৰত অনলক গেটখনলৈ আগবঢ়াই দিয়াতো অনিন্দিতাৰ দৈনন্দিন কামৰে এটি অংশ। এটি সুন্দৰ মিঠা হাঁহিৰে তাই অনলক এটি নতুন দিনৰ বাবে আদৰণি জনায়।
কেতিয়াবা সময় সুবিধা পালে অনলে তাইক সন্ধিয়া পৰত এপাক ফুৰাবলৈ নিয়ে। কিন্তু আজিকালি তাই বাহিৰলৈ গ’লে ফাষ্টফুড, হোটেল, ৰেষ্টোৰাৰ পৰিৱৰ্তে আলু, দাইল, চেনী, চাহপাত, মিঠাতেল আদিহে ক্ৰয় কৰে। মনটো বেয়া লাগিলে তাই অনলক চহৰখনৰ মাজভাগত থকা পাৰ্কখনলৈ নিবলৈ খাটনি ধৰে।
পৃষ্ঠাঃ ২৭
এনেবোৰ কথা চিন্তা কৰি অনলে মনত কষ্ট পায় যদিও কাকো একো ক’ব নোৱাৰে। সি নিজেও ফাষ্টফুড, হোটেল, ৰেষ্টোৰাত খোৱাতো পচন্দ নকৰে যদিও সি ভাবে, আনৰ দৰে চাগৈ অনিৰো মন যায়। অথচ এটি সৰু চাকৰি কৰা অনলৰ উপাৰ্জনৰ প্ৰতি লক্ষ্য ৰাখিয়েই তাই নিজকে সংযত কৰে। তাইৰ মনৰ ভাব, এটকাই উপাৰ্জন কৰক, সত্ পথেৰে কৰক। এটকা উপাৰ্জন কৰিলেও অনল যে তাইৰেই বুকুৰ আপোন। এই সহজ-সৰল মানুহটোক তাই জানো কষ্ট দিব পাৰিব?
অনিন্দিতা, এজনী বৰ ধুনীয়া ছোৱালী নাছিল। বাহ্যিকভাবে তুলনা কৰিলে এশজনী ছোৱালীৰ ভিতৰত তাই চাগৈ পঞ্চাশৰ ঘৰতহে স্থান পাব। কিন্তু তাইৰ স্বভাৱ-চৰিত্ৰ, কথা-বতৰা, আচাৰ-ব্যৱহাৰে এশজনী ছোৱালীকো চেৰ পেলাব পাৰিছিল। সেইবাবেই আজিকালি অনলে সদায় অনিৰ প্ৰেমত পৰে আৰু তাইৰ ভাৱ সাগৰত সাতুৰি নাদুৰি হাবুডুবু খায়। সদায় মানে প্ৰতিটো মুহূৰ্তত, প্ৰতিটো চেকেণ্ডত বুলিলেও ভুল নহয়। একে অৱস্থা অনিন্দিতাৰো। অনলৰ শান্ত, গভীৰ, বুদ্ধিদীপ্ত চকুযুৰীয়ে তাইক বাৰে বাৰে প্ৰেমত পৰিবলৈ বাধ্য কৰায়।
এয়া ইংৰাজী নৱবৰ্ষৰ পহিলা মাহ, পিকনিকৰ বতৰ। অনল আৰু অনিৰ বাহিৰে ঘৰখনৰ বাকীবোৰ সদস্যই ইতিমধ্যে চুবুৰীয়াৰ লগত পিকনিকলৈ বুলি অৰুণাচললৈ গৈছেই। অনিয়েও ফুৰিবলৈ যাবলৈ প্ৰায়ে অনলক খাটনি ধৰি আছে। অনলেও ব্যস্ততাৰ মাজতে দেওবাৰ এটাত সময় উলিয়াই ক’লে, ‘’ক’ত যাবা?’’ অনিৰ স্পষ্ট উত্তৰ, চহৰখনৰ মাজভাগত থকা পাৰ্কখনলৈ। তাইৰ উত্তৰ শুনি অনলৰ হাঁহি উঠি গ’ল। মানুহে পিকনিক বুলি কিমান দূৰলৈ যায়, নৈ-জংঘল-পাহাৰ বিচাৰি যায়, অনিৰ আকৌ পাৰ্কখনলৈ যোৱাৰহে মন। অনলৰো অৱশ্যে পাৰ্কখনৰ পৰিৱেশটো বেয়া নালাগে। সন্মুখত লুইতৰ পানী, চাৰিওফালে গছ-গছনি, দুবৰি বনৰ দলিচা, মুঠতে এক সুন্দৰ পৰিৱশৰ সমাহাৰ।
দুয়ো ওচৰা-ওচৰিকৈ বহিল। অনলে অনিৰ আৰু অলপ কাষ চাপি যাব খোজতেই তাই চিঞৰি উঠিল, ‘’কোনোবাই দেখিব।‘’ তাকে শুনি অনলে হাঁহি ৰখাব নোৱাৰিলে। অনলৰ হাঁহি দেখি অনিন্দিতা লাজত ৰঙা পৰিল। কিছুসময়লৈ দুয়ো নীৰৱে বহি থাকিল। সন্মুখত বেলিটি ক্ৰমে ডাঙৰ আৰু হেঙুলীয়া হৈ লুইতৰ পানী চুব বিচাৰিছে। অনলে ভাবিছে, ‘’ক’ৰ পৰা সি আৰম্ভ কৰিব কথাবোৰ। সি যে তাইক কিমান ভাল পায়, কিমান মৰম-চেনেহ আছে তাৰ বুকুত তাইৰ বাবে, এই কথাবোৰ অন্ততঃ সি তাইক জনোৱাতো খুবেই জৰুৰী।‘’ একেদৰে অনিন্দিতাইও ভাবিছে, ‘’কেনেকৈ আৰম্ভ কৰিব তাই কথাবোৰ। অনলৰ কথা-বতৰা, চকুযুৰীয়ে যে তাইক সদায়ে ব্যাকুল কৰে। এই কথাখিনি ক’বৰ বাবেইতো তাই তাক ইয়ালৈকে লৈ আহিছে।‘’
কথাখিনি ক’বৰ বাবেইতো তাই তাক ইয়ালৈকে লৈ আহিছে।‘’
সময়বোৰ পাৰ হৈ গৈছে। ক্ষুদ্ৰ ক্ষুদ্ৰ চেকেণ্ডবোৰ মিলি মিনিট আৰু মিনিটৰ সমাহাৰেৰে প্ৰায় তিনি ঘণ্টা পাৰ হৈ গ’ল। দুয়ো নিজৰ মাজতেই বিভোৰ, অথচ নাই কাৰোৱেই আৰম্ভণি। তেনেতে অজানিতে অনলে অনিৰ হাতখন নিজৰ হাতৰ মুঠিত খামুচি ধৰিলে। অনিন্দিতা নিলাজি বনৰ দৰেই অনলৰ বুকুৰ মাজত লেওসেও হৈ সোমাই পৰিল।
এৰা, ভালপোৱা যে তেনেকুৱাই! দুটি আত্মাৰ মিলন। দুখন হৃদয়ৰ পবিত্ৰ মিলন। এজনে আনজনক মুখেৰে একো কোৱাৰ প্ৰয়োজন নাথাকে। হৃদয়ে বুজি পায় হৃদয়ৰ ভাষা।
পৃষ্ঠাঃ ২৮
নীলা খামৰ চিঠিঃ
মৰমৰ দু,
আশাকৰোঁ ভালে আছা। মই জানো নেদেখাজনৰ ওচৰত তোমাৰ ভালৰ বাবে কৰা প্ৰাৰ্থনাবোৰ ব্যৰ্থ নহয়। বহুত দিন হ'ল পঢ়া টেবুলত বহাই নাই। আজি বহু দিনৰ মূৰত তোমালৈ এখন চিঠি লিখাৰ মনেৰে হাতত কলমটো তুলি লৈছোঁ।
বহু মাহেই হ'ল তোমাক লগ নোপোৱা তোমাক নেদেখা । অক্লান্ত হৃদয়ৰ এবুকু মৰম তোমালৈ সাঁচি ৰাখিছোঁ জানা। যিদিনা তোমাক লগ পাম হিয়া উজাৰি মোৰ বুকুৰ মৰমে তোমাক বিয়পাই পেলাম। কিমান যে কথা তোমাক ক'বলে আছে মনত ঢৌ খেলি খেলি । কিন্তু কি জানা দু, তোমাক যেতিয়া কাষত পাওঁ তেতিয়া কিয় জানো মই মৌন হৈ পৰোঁ। মুখৰ মাত হেৰাই মই বোবা হৈ পৰোঁ। মাথোঁ তোমাৰ দুচকুলে চাই নিজক বিচাৰি ফুৰোঁ।মোলে চাগে তোমাৰ বহুত খং উঠি আছে ন ? উঠাতো স্বাভাৱিক। কি কৰিম কোৱা, মোৰ মন প্ৰাণ যে তোমাতেই সপি দিলো। সঁচাকে দু, তোমাৰ ভাল হোৱাৰ স্বাৰ্থত মই নিজক সাহসী কৰি তুলিছো। এইকেইদিন মনটো খুবেই ভাল লাগি আছে।তোমাকতো এইবোৰ কথা কোৱাই হোৱা নাই। বিহুৰ কেইদিনমান পাছতে লাজে ভয়ে মা আগত তোমাৰ মোৰ সম্পৰ্কৰ কথা ক'লো। মই জানিছিলো মায়ে মোৰ কথা মানিব। আজি লৈকে মায়ে মোৰ সকলো কথাই ৰাখি আহিছে। মায়ে মোৰ কথা শুনি কি কৈছে জানা,"মোৰ সৰু ছোৱালীজনী ডাঙৰ হ'ল, মই গমেই নাপাওঁ।" মায়ে এনেকে কোৱা লগে লগে মই মাৰ কোঁচত সোমালোগে। মায়ে কথাটো লাহে লাহে দেউতাক জনাম বুলি কৈছে। মাৰ পৰা এইখিনি কথা শুনি মনটো বহুত ভাল লাগি আছে জানা।
আৰু এটা কথা দু, মনত পৰোঁতেই কৈ থওঁ। তুমি যে আজিকালি মই ভালপোৱা নামটোৰে নমতাই হ'লা।অনবৰতে ভেঁকুলি বুলি জোকাই থাকা। তুমিতো জানা ন দু, বয়সে কুৰি বছৰত ভৰি দিলেও মই এতিয়াও সৰু ছোৱালীৰ দৰে। সৰু ছোৱালীজনীক বেয়া পাই নাথাকিবা। আচলতে কি জানা প্ৰায়ে ফোন মেছেজত আমাৰ কথা পতা হয় যদিও চিঠিৰ মাজত তোমাক কথাবোৰ কৈ বেছি ভালপাওঁ। সেয়ে তোমালে মন গ'লেই চিঠি লিখোঁ। কেতিয়াবা ডায়েৰীৰ উকা পৃষ্ঠাবোৰ তোমাৰ কথাৰেই ভৰাই পেলাওঁ।এইবাৰ তোমাক লগ পালে ডায়েৰীৰ পাতত থকা মোৰ মনৰ অভিমানী অনুভৱৰ শব্দবোৰ পঢ়ি শুনাম দিয়া।হাজাৰটা অভিমান, এপাচি সুখ-দুখ, আনকি কেতিয়াবা দুচকু সেমেকি উঠিলে উলোৱা চকুপানীৰ টোপাল কেইটাও মোৰ ডায়েৰী খনৰ মাজতেই সোমাই আছে। চাওঁতে চাওঁতে আমাৰ প্ৰেমে ৬ টা মাহেই গৰকিলে। অদৃশ্যজনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ জীৱনৰ শেষ উশাহটো লৈকে যাতে তুমি মোৰ আৰু মই তোমাৰ হৈ থাকিব পাৰো। আমাৰ ভালপোৱাবোৰক সদায় এনেদৰেই থাকিবলে দিবা দু।
বাৰু আজিলৈ হ'ব দিয়া। নিশা গভীৰ হ'ল । মা দেউতাক দূৰণিৰ পৰাই প্ৰণাম জনাই আজিলৈ এৰিলো দু।চিঠিৰ মাজেৰে পঠোৱা মৰমবোৰ ল'বা। চিঠিৰ উত্তৰ দিবা।
ইতি
তোমাৰ মৰমৰ
গোলো
পলীজ্যোতি দত্ত
হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়
গোলাঘাট
পৃষ্ঠাঃ ২৯
মতামত শিতানঃ
আমাৰ প্ৰশ্নঃ
আনলক ২ ৰ নে লকডাউন ৫ ৰ প্ৰয়োজন অধিক ?
আপোনাৰ উত্তৰঃ
সমগ্ৰ বিশ্বৰ আতংকগ্ৰস্থ পৰিস্থিতিত আনলক ২ তকৈ লকডাউন ৫ ৰ প্ৰয়োজনীয়তা অধিক। ইয়াৰ ভিন্ন কাৰণ সমূহৰ ভিতৰত----
১) দীৰ্ঘদিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত অস্থিৰতাৰ সন্মুখীন হোৱা সৰ্বসাধাৰণ লোকে অনলক কৰাৰ লগে লগেই অসাৱধান ভাৱে সকলোতে একাকাৰ হৈ ঘূৰি ফুৰিব । তেনেৱস্থাত ৰোগী ব্যক্তি এগৰাকীৰ দেহৰ পৰা নিৰোগীসকলৰ দেহলৈও এই মহামাৰী সংক্ৰমিত হ'ব পাৰে।
সৰ্বজনৰে জ্ঞাত যে সমাজৰ এচাম এনে কাণ্ডজ্ঞানহীন ব্যক্তি আছে যিয়ে নেকি এতিয়াও মাস্ক পৰিধান, চেনীটাইজাৰ , পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি বিষয়ত আওকাণ কৰি চলিব বিচাৰে। ফলত আতি সহজতে সংক্ৰমন হ'ব পাৰে।
২) বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ফলত যান-বাহন , কল-কাৰাখানাৰ অত্যাধিকতাই পৃথিৱীৰ পৰা সেউজ পাৰিপাৰ্শ্বিকতাৰ অৱসান ঘটাইছে। কিন্তু লকডাউনৰ সময়ছোৱাতে দেখা গৈছে যে ধৰিত্ৰীলৈ চিৰসেউজ সুন্দৰতাৰ প্ৰত্যাৱৰ্তন ঘটিছে, চৌদিশ জীপাল হৈ পৰিছে। উদাহৰণস্বৰূপে আমি দিল্লী নিৰ্মল আকাশ লগতে অজ'ন স্তৰৰ বিকাশকে আঁওতালৈ আনিব পাৰো।
সেয়ে মানুহৰ সজাগতাৰ লগতে কৰ'ণা সংক্ৰমণৰ পৰা মানুহক দূৰৈত ৰখাৰ উপৰিও পৰিৱেশৰ সুন্দৰতাক বৰ্তাই ৰখাৰ স্বাৰ্থত লকডাউন ৫ ৰ প্ৰাসংগিকতাক নুই কৰিব নোৱাৰি।
লিপিকা ভূঞা
নৰ্থ লখিমপুৰ কলেজ
দূৰভাষ:-৬০০১৭৪৬০৫৯
পৃষ্ঠাঃ ৩০
নিয়মীয়া শিতানঃ
জ্ঞানৰ সঁফুৰা
১) ব্যাসকুছি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
২) কোনজন কবিয়ে নিজকে কবিৰত্নসূত বুলি পৰিচয় দিছে?
৩)কথা ৰামায়ণ কোনে ৰচনা কৰিছিল?
৪)অনিৰুদ্ধ কায়স্থই কোনজন ৰজাৰ অনুপ্ৰেৰণাত ভাগৱতৰ পঞ্চম স্কন্ধ ভাঙনি কৰিছিল?
৫)কথা ভাগৱতৰ শব্দ চয়ন সংস্কৃত শব্দৰে ভাৰাক্ৰান্ত বুলি কোনে মত প্ৰকাশ কৰিছে?
৬)ভট্টদেৱৰ' প্ৰসংগমালা' পুথিখন কোনে সম্পাদনা কৰিছিল?
৭) 'কথাগীতা পঢ়িলে এনেহে লাগে যেন নামঘৰত ৰাইজ গোট খাইছে আৰু ভাগৱতীয়ে শাস্ত্ৰ পাঠ কৰি টীকাসহ ব্যাখ্যা কৰিছে,মাজে মাজে গভীৰ বিষয়ৰ প্ৰশ্ন তুলি নিজেই যেন তাৰ সমাধান কৰিছে ৷'-উক্ত কথাষাৰৰ বক্তা কোন?
৮) ভট্টদেৱৰ 'ভক্তি-বিবেক' গ্ৰন্থখন প্ৰথমে কোনে সম্পাদনা কৰিছিল?
৯) ভট্টদেৱৰ ভাগৱতখন গ্ৰহণ কৰি কোনে-' অন্তিম কালত ভৱৰোগৰ মহৌষধ এই ভাগৱত শাস্ত্ৰই আমাৰ পৰম সুখাদ্য'-বুলি কৈছিল?
১০)গোপাল আতাৰ ভক্তিমূলক গীতসমূহক কোন সংহতিৰ অন্তভূৰ্ক্ত সত্ৰসমূহত বৰগীতৰ মৰ্যাদা দিয়া হয়?
(উল্লেখিত প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি আমালৈ প্ৰেৰণ কৰক। শুদ্ধ উত্তৰ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। শুদ্ধ উত্তৰসমূহৰ লগতে আপোনাৰ নাম, ঠিকনা 91275 64124 নম্বৰলৈ হোৱাটচএপ যোগে প্ৰেৰণ কৰক। উত্তৰ প্ৰেৰণৰ অন্তিম তাৰিখ 10 জুলাই 2020)
(যোৱাসংখ্যাৰ জ্ঞানৰ সঁফুৰাৰ উত্তৰ সমূহ:- অলকানন্দা, প্ৰিয়তমাৰ চিঠি, ধৰ্মেশ্বৰী দেৱী বৰুৱানী,
লক্ষ্মীনাথ বেজবৰুৱাই, যতীন্দ্ৰনাথ দুৱৰা, বীণা, জোনাকীত ,যতীন্দ্ৰনাথ দুৱৰা, নলিনীবালা দেৱী, অতুল চন্দ্ৰ হাজৰিকা ৷)
উল্লেখযোগ্য যে এই শিতানত আমালৈ পঠিওৱা উত্তৰ সমূহত এজনৰ পৰাও সম্পূৰ্ণ শুদ্ধ উত্তৰ পাবলৈ সক্ষম নহ'লো। সেয়ে আমি এই সংখ্যাত বিজয়ী ঘোষণা কৰিব নোৱাৰিলো।
পৃষ্ঠাঃ ৩১
নিয়মীয়া শিতানঃ
শব্দৰ সাজোন
(তলত কেইটামান সঘনে ব্যৱহাৰ হৈ থকা শব্দৰ আখৰসমূহৰ স্থান সলনি কৰি দিয়া হৈছে। শব্দসমূহ শুদ্ধকৈ লিখি আমালৈ প্ৰেৰণ কৰক। আটাইকেইটা শব্দৰ শুদ্ধ ৰূপ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। 6000709096 নম্বৰৰ হোৱাটচএপত উত্তৰসমূহ প্ৰেৰণ কৰক। জমা দিয়াৰ অন্তিম তাৰিখ 10 জুলাই 2020।)
১/ লনকতাক
২/ জ্বন্তৰাক
৩/ পথোনকথক
৪/ য়াগন্ধী-ভৰণ্ডা
৫/ তাপলঝাঁ
৬/ দৱস্তদস্ত
৭/ সকৰ্গিনৈ
৮/ ৱান্দোলফা
৯/ জোক্তিব্যা
১০/ হ্মব্ৰণ্ডকু
..................................................
যোৱা সংখ্যাৰ শুদ্ধ উত্তৰ সমূহঃ
নতুনচৰা, প্ৰাগজ্যোতিকা, বিদ্যাধন, জুপিতৰা, মজুমদাৰ, কৰ্মসংস্থাপন, সৰ্বভাৰতীয়, পৰিকল্পনা, ফিচাহিনী , ভৈষজ্য।
লটাৰিৰ যোগে নিৰ্বাচিত বিজয়ী প্ৰতিযোগী হিৰণ্য ডেকা, নলবাৰী।
পৃষ্ঠাঃ ৩২
নিয়মীয়া শিতানঃ
ৰেচিপি
মাটন সাহী কোৰ্মা
(Mutton Shahi Korma)
১) প্ৰথমে আধা কেজি ছাগলী মাংস ভালদৰে ধুই ফুটা থকা পাত্ৰ এটাত ১০ মিনিটমান ৰাখি বাতি এটাত ল'ব। তাৰপাছত তাত মিহিকৈ ফেটি লোৱা দৈ ৩ চামুচ, ১ চামুচ আদা নহৰু পেষ্ট, নিমখ আধা চামুচ, নেমু ৰস ১ চামুচ, ১ চামুচকৈ হালধি গুড়ি, জিৰা গুড়ি, ধনীয়া গুড়ি, জলকীয়া গুড়ি(জ্বলা কম খালে কমকৈ দিব) দি ভালদৰে সানি ১ ঘন্টা মেৰিনেট হবলৈ দিব।
২) কাজু ১৫/২০ টামান গৰম পানীত ১০ মিনিটমান তিয়াই ৰাখি মিহিকৈ মিক্সিত পেষ্ট বনাই লব।
৩) এতিয়া ৩ টা মজলীয়া পিঁয়াজ দীঘলকৈ কুটি লৈ কেৰাহীত ৰিফাইন তেল (তেলৰ সলনি ঘিউ দিবও পাৰে) দি গৰম কৰি পিঁয়াজখিনি একেৰাহে লৰাই বেছি জুইত ৰঙচুৱাকৈ ভাজি প্লেট এখনত উলিয়াই ঠাণ্ডা হবলৈ দিব আৰু ঠাণ্ডা হলে মিক্সিত দি মিহিকৈ পিহি লব (পানী নিদিব)।
৪) মিক্সিত শুকানে লং ৪টা, ডালচেনি ১ ইঞ্চিমান, ইলাচি ৩টা, জালুক ১৫টামান, জিৰা ১ চামুচ, শুকান জলকীয়া সৰু ১টা(নিদিলেও হয়), জাৱিত্ৰি আৰু জাইফল অকণমান একেলগে মিহিকৈ গুড়ি কৰি ল'ব।
৫) এতিয়া পিঁয়াজ ভজা বাকী থকা তেলখিনি (ইচ্ছা কৰিলে ঘিউত বনাব পাৰে) গৰম কৰি তাত তেজপাত ২ খিলা, জিৰা আধা চামুচ, লং ৩টা, ইলাচি ২টা, ডালচেনি অকণমান, জালুক ৮ টামান, ফালি লোৱা কেঁচা জলকীয়া ১/২ টা, জাৱিত্ৰী আৰু জাইফল অকণমান দি ১ মিনিট লৰাই ১ চামুচ আদা নহৰুৰ পেষ্ট দি কেঁচা গোন্ধ যোৱালৈকে ভাজি মেৰিনেট কৰি ৰখা মাংসখিনি দি ভালদৰে মধ্যমীয়া জুইত তেল এৰালৈকে ১৫ মিনিটমান ভাজিব। তাৰপাছত পিহি ৰখা ৰঙচুৱা পিঁয়াজখিনি দি ১ মিনিট লৰাব আৰু কাজু পেষ্ট খিনি আৰু নিমখ সোৱাদ অনুযায়ী (মনত ৰাখিব মেৰিনেট কৰোঁতেও দিছিলে অলপ) দি কম জুইত ১০ মিনিটমান সুন্দৰকৈ ভাজিব। এতিয়া মাংসখিনি ডুব যোৱাকৈ গৰম পানী দি ৫ মিনিটমান আকৌ তেল বিৰিঙালৈকে ভালদৰে লৰাই উতলিবলৈ দিব। উতলাৰ পাছত কুকাৰ এটাত দি ১ মিনিটমান লৰাই ঢাকন লগাই ৬ টা চিটি মৰাৰ পাছত গেছ বন্ধ কৰি দিব। চিটি যোৱাৰ পাছত ঢাকনখন খুলি জুই জ্বলাই দি ১ মিনিটমান লৰাই তাত কেশৰ পানী ২ চামুচ, কেওৰাজল সৰু চামুচেৰে আধা চামুচ (অপ্চনেল), শুকানকৈ পিহি ৰখা গৰম মছলাখিনি দি মধ্যমীয়া জুইত আকৌ ২ মিনিটমান লৰাই জুই নুমুৱাই বাতিত কাঢ়ি পেলাওক আৰু আপোনাৰ মনপছন্দ মতে ৰুটি, নান, ভাত, পোলাওৰ লগত পৰিবেশন কৰক ।
পংখী কলিতা
যোৰহাট
পৃষ্ঠাঃ ৩৩
মডেল পৃষ্ঠাঃ
(মডেল পৃষ্ঠাৰ বাবে আপুনিও আমালৈ আপোনাৰ নাম, ঠিকনা লিখি ফটো প্ৰেৰণ কৰিব পাৰে। ফটোসমূহ 9678696861 নম্বৰত উপলব্ধ হোৱাটচএপলৈ প্ৰেৰণ কৰক। অহা সংখ্যাত প্ৰকাশৰ বাবে ফটো প্ৰেৰণৰ অন্তিম তাৰিখ 10 জুলাই 2020)
১। হিৰণ্য ডেকা
২। সংযুক্তা গগৈ
৩। বৰ্ণালী কলিতা
৪। জিজ্ঞাসা মেধি
পৃষ্ঠাঃ ৩৪
শেষ পৃষ্ঠাৰ কলমঃ
কিতাপ পঢ়ো আহক
মঞ্জিত হাজৰিকা
সহ সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 6000709096
"কিতাপ পঢ়ো আহক" বাক্য শাৰী মোৰ নহয়। এই বাক্য শাৰী ব্যৱহাৰ কৰা হৈছিল ২০১৯ চনৰ ৩ আগষ্টৰ দিনা। অৱশ্যে সেই নিদিষ্ট দিনটোত কৈ আগৰ পৰাই এই সম্পৰ্কত বিভিন্ন স্থানত বিষয়টো উত্থাপন হৈছিল আৰু কিছু কিছু পৰিমানে কোনো কোনো ঠাইত কাৰ্যকৰীও কৰা হৈছিল। হ'লেও এই বাক্য শাৰী ডঃ অমৰজ্যোতি চৌধুৰীয়ে গুৱাহাটীৰ জিলা পুথিভঁৰালৰ চৌহদত কিতাপ পঢ়াৰ প্ৰতি মানুহৰ আগ্ৰহ জন্মাবৰ বাবে (৩ আগষ্ট ২০১৯) ত এক আন্দোলনৰ সূচনা কৰি ব্যৱহাৰ কৰাৰ পৰাই জনপ্ৰিয় হৈ পৰে। এতিয়া কথা হ'ল এই বাক্য শাৰী কিয় ব্যৱহাৰ কৰিব লগা হ'ল ?
সাম্প্ৰতিক সময়ত সাধাৰণতে প্ৰকাশন সমূহে অভিযোগ কৰা দেখা যায় যে কিতাপ বিক্ৰীৰ পৰিমান বহু পৰিমানে হ্ৰাস পাইছে। যাৰ ফলত বহু প্ৰকাশনে তেওঁলোকৰ প্ৰকাশনৰ দুৱাৰ বন্ধ কৰিবলে বাধ্য হৈছে। কথাটো আমি মিছা বুলিও ক'ব নোৱাৰো। যাৰ সত্যতাৰ প্ৰমান হিচাপে বিভিন্ন কাকত আলোচনীৰ হঠাৎ বন্ধ হৈ পৰা কথাটো লক্ষ্য কৰিলেই আমি দেখা পাওঁ। সৌ সিদিনা সপ্তাহিক বাতৰি কাকত সাদিন আৰু বিস্ময়ো হয়তো পাঠকৰ অভাৱতে বন্ধ হ'ব বুলি ঘোষণা কৰা হৈছিল। কিন্তু সুখৰ কথা কিছু আগ্ৰহী পঢ়োৱৈৰ অনুৰোধত কাকত আৰু আলোচনীখন বন্ধ হোৱাৰ পৰা ৰক্ষা পৰিল।
বৰ্তমান ইণ্টানেটৰ যুগত এই সময়ত আমি স্মাৰ্ট ফোনটোতে যেন গোটেই পৃথিৱীখনকে পাইছোঁ। এনে এটা ভ্ৰান্ত ধাৰণা লৈ জ্যেষ্ঠৰ পৰা কনিষ্ঠ লৈকে ম'বাইলটোৰ লগতে ব্যস্ত হৈ পৰিছোঁ। অৱশ্যে এটা কথা কোৱাৰ বাহুল্য যে বৰ্তমান ম'বাইলত আমি বহুখিনিয়ে পাওঁ। দেশ বিদেশৰ বিভিন্ন বা বাতৰিৰ লগতে আমাৰ এই "অঙ্গন"ৰ দৰে আৰু বহুতো ই-আলোচনী, ফেচবুকত সাহিত্য চৰ্চা, গ'গলত বিভিন্ন দেশৰ বিভিন্ন তথ্য আমি পাওঁ। ইয়াৰ ওপৰি বহুতো কিতাপ বৰ্তমান ইণ্টাৰনেটত আপ্দেট কৰা হৈছে। কিন্তু আমাৰ মাজৰে কিমানে এই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়োঁ ? ই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজি নৱপ্ৰজন্মৰ অধিকাংশই ম'বাইলত গেম খেলা, টিক্টক কৰা, লাইকীত ভিডিঅ' বনোৱা আদিতে ব্যস্ত থাকে। ফলত বহুতো অধ্যয়ন কৰিব লগা দিশ ম'বাইলত সহজলব্ধ হ'লেও তাৰ প্ৰতি ইহঁতৰ ভ্ৰক্ষেপ নাই। ফলত অভিভাৱক সকল চিন্তিত হ'ব লগা হয়।
আমি বিভিন্ন আলোচনী বা কিতাপ কিয় পঢ়িব লাগে ? এই সম্পৰ্কত বিভিন্ন সময়ত মহান মহৰ্ষি সকলে তেওঁলোকৰ মতামত আগবঢ়াই থৈ গৈছে। আমি আন সকলো কথা বাদ দি তেওঁলোকৰ বাণী সমূহতে কিতাপৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে বুজিব পাৰোঁ।
চিচাৰোৱে কৈছিল:- "কিতাপ হ'ল যৌৱনৰ খাদ্য, বৃদ্ধাকালৰ আনন্দ,সমৃদ্ধিৰ অলংকাৰ, বিপদৰ সময়ত সান্তনা আৰু ঘৰৰ বাহিৰত উত্তম ভ্ৰমন-সংগী।"
হেম বৰুৱাই কৈছিল:-" মানুহে কিতাপ পঢ়িব লাগে দুটা কাৰণত। এটা আত্মাৰ শান্তিৰ কাৰণে আৰু আনটো মনক সংযত কৰি ৰাখিবৰ কাৰণে।"
হোমেন বৰগোহাঞি দেৱে কৈছিল :-" নিঃসঙ্গ জীৱন আৰু নিৰানন্দ সময়ৰ বাবে কিতাপেই মানুহৰ একমাত্ৰ বিশ্বস্ত সঙ্গী।"
সত্যনাথ বৰাই কৈছিল:-"বিদ্যা মানৱ মনৰ দীপ্তি। ইয়াৰ পোহৰত মানুহে ধন, মান আৰু যশস্যা লাভ কৰে।"
ওপৰোক্ত কথা কেইষাৰ পঢ়িলেই আমি কিতাপ পঢ়াৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে বুজিব পাৰোঁ। গতিকে আহক বিনোদনৰ লগত আমি কিতাপকো সংযোজন কৰি জীৱনক এটা অনন্য মাত্ৰা প্ৰদান কৰোঁ।
পৃষ্ঠাঃ ৩৫
মতামত শিতানঃ
আগন্তুক সংখ্যাৰ বাবে মতামত শিতানৰ প্ৰশ্ন
সামাজিক মাধ্যমসমূহত সাহিত্য চৰ্চাৰ প্ৰাসংগিকতা কিমান ?
এই ক্ষেত্ৰত আপোনাৰ মতামত জনাব।
উক্ত প্ৰশ্নটোৰ উত্তৰ চমুকৈ লিখি আমালৈ প্ৰেৰণ কৰক।
উল্লেখ্য যে মতামত শিতানৰ উত্তৰ দিওঁতা শ্ৰেষ্ঠজনক পুৰস্কৃত কৰা হ'ব।
মতামত প্ৰেৰণৰ বাবে প্ৰয়োজনীয় হোৱাটচএপ নম্বৰঃ 6000709096
Email: ankuran2014@gmail.com
পৃষ্ঠাঃ ৩৬
ঘোষণাঃ
15 জুলাই 2020 সংখ্যাৰ বাবে লেখা আহ্বান
লেখা পঠিওৱাৰ নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ অপ্ৰকাশিত হোৱাটো বাঞ্চনীয়।
২) লেখকৰ সম্পূৰ্ণ নাম,ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠাব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 জুলাই, ২০২০।
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হাততো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
পৃষ্ঠাঃ ৩৭
বেটুপাত ৩ঃ
অংকুৰণ প্ৰকাশনৰ পৰা শীঘ্ৰে প্ৰকাশ পাব
নৱতম উপন্যাস
অনুসূয়া
কি হ'ব পাৰে?
যেতিয়া আপোনজনেই বৈৰী হয়!
আপোনজনৰ বিশ্বাসঘাটকতা যেতিয়া সন্মুখলৈ আহে, তেতিয়া কি কৰা উচিত?
বিশ্বাস আৰু ভালপোৱাই কিমান সাহস যোগাব পাৰে?
জন্মই মানুহ গঢ়ে নে পালন পোষণে গঢ়ে?
সমাজৰ নিয়ম নাৰীৰ মৰ্যদা অক্ষুন্ন ৰাখিবলৈ সম্পূৰ্ণ সক্ষম নে?
এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ জানিবলৈ পঢ়ক ৰশ্মিৰেখা বৰাৰ দ্বাৰা ৰচিত হৃদয়স্পৰ্শী কাহিনী আৰু জীৱনৰ বহুতো বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত ৰচিত উপন্যাস অনুসূয়া।
আপোনাৰ কপীটোৰ বাবে আজিয়েই 8638310699 নম্বৰত যোগাযোগ কৰক।
পৃষ্ঠাঃ ৩৮
বেটুপাত ৪ঃ
2 Comments