পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ
নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
30 আগষ্ট 2021
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।
পৃষ্ঠাঃ ৩
বিশেষ ঘোষণা
অঙ্গনৰ উদ্যোগত আয়োজন কৰা গল্প প্ৰতিযোগিতাৰ প্ৰতিযোগী সকলৰ জ্ঞাতাৰ্থে জনাওঁ যে এই প্ৰতিযোগিতাৰ ফলাফল আমি অহা ১ চেপ্তেম্বৰ ( ১-১৫) সংখ্যাত ঘোষণা কৰিম।
বিভাগীয় সম্পাদক
পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-১০
ধাৰাবাহিক : পৃষ্ঠা ১১-১২
অণুগল্প : পৃষ্ঠা ১৩-১৪
এক মিনিটৰ গল্প : পৃষ্ঠা ১৫-১৬
অনুবাদ কবিতা : পৃষ্ঠা ১৭-১৯
কবিতা : পৃষ্ঠা ২০-৩৭
অনুভৱ : পৃষ্ঠা ৩৮
শিশু বিশেষ : পৃষ্ঠা ৩৯
ভ্ৰমণ কাহিনী : পৃষ্ঠা ৪০
অনুভৱত এখন চিঠি : পৃষ্ঠা ৪১
গ্ৰন্থ পৰ্যালোচনা : পৃষ্ঠা ৪২
বৰ্ণৰ পদ্য : পৃষ্ঠা ৪৩
গল্প : পৃষ্ঠা ৪৪-৪৭
আৰ্ট গেলাৰী : পৃষ্ঠা ৪৮
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৯
পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
বিতুমণি বড়া, টীনা বড়া, শালিনী শ্যাম
ঠিকনাঃ শিৱসাগৰ।
ফটোগ্ৰাফাৰঃ পাৰ্থ প্ৰতীম দাস, শিৱসাগৰ।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।
পৃষ্ঠা ৬
সম্পাদকীয়ঃ
স্বাধীন দেশৰ নাগৰিক
১৫ আগষ্ট, ২০২১। আজি দেশে ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰিলে। ১৯৪৭ চনৰ এই তাৰিখতেই মাতৃভূমি ভাৰতবৰ্ষই সুদীৰ্ঘ প্ৰায় ২০০ বছৰৰ ব্ৰিটিছৰ গোলামীৰ পৰা মুক্ত হৈছিল। এই স্বাধীনতাৰ বাবেই দেশৰ হাজাৰ হাজাৰ সংগ্ৰামী লোকে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি প্ৰাণ আহুতি দিলে। 'স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ', এই বাণী সৰোগত কৰি দেশ মাতৃৰ চৰণত নিজৰ প্ৰাণকো তুচ্ছ যেন জ্ঞান কৰি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা দেশৰ সংগ্ৰামী নেতাসকলৰ আপ্ৰাণ চেষ্টাৰ অন্তত ইংৰাজে ভাৰতবাসীক নিজৰ স্বাধীনতা ঘূৰাই দিবলৈ বাধ্য হৈ পৰিল।
এই স্বাধীনতা আন্দোলনত মহামানৱ মহাত্মা গান্ধীৰ অহিংসা আন্দোলনৰ গুৰুত্ব আছিল অপৰিসীম। দেশ স্বাধীন হ’ল, কিন্তু এই স্বাধীনতাই দেশবাসীৰ মাজত বিভাজনৰহে বীজ ৰোপণ কৰিলে। কিয়নো সেই সময়ৰ স্বাধীনতা সংগ্ৰামী নেতাসকলৰ মাজত আছিল ভিন্ন মত, ভিন্ন দৃষ্টিভংগী। এই ভিন্নতাৰ বাবেই দেশখন দুটা ভাগত বিভক্ত হৈ পৰিল। একেদৰে দেশৰ একাংশ বৰমূৰীয়াৰ অদক্ষতাৰ বাবে চৰকাৰ আৰু জনসাধাৰণৰ মাজতো ক্ৰমান্বয়ে দূৰত্ব বাঢ়ি গ'ল। ফলত লাহে লাহে বিভিন্ন ৰাজ্যত বিভিন্ন সংগঠনৰ জন্ম হবলৈ ধৰিলে যিয়ে দেশ এতিয়াও স্বাধীন হোৱা নাই বুলি মত পোষণ কৰিব খোজে।
‘আমি বাৰু প্ৰকৃততে স্বাধীন দেশৰ নাগৰিক নে?’ এই প্ৰশ্নটোৱে লাহে লাহে একাংশ জনসাধাৰণক ব্যতিব্যস্ত কৰিবলৈ ধৰিলে। এয়াই জানো দেশৰ স্বাধীনতা? য’ত লাখ লাখ শিশু শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আনৰ ঘৰত অথবা কোনো কল-কাৰখানাত শিশু শ্ৰমিক হিচাপে কাম কৰিবলৈ বাধ্য হৈ পৰে, য’ত আমাৰ শিক্ষিত যুৱচামক কৰ্মসংস্থাপন দিবলৈ নিয়োগৰ অভাৱ, যিখন দেশত খেতিয়কে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপাই আত্মহত্যা কৰিবলৈ বাধ্য হয়, য’ত মহিলাসকলে আজিও অকলে ঘৰৰ পৰা ওলাই যাবলৈ বহুবাৰ চিন্তা কৰিবলগীয়া হয়। দেশখন চলাবলৈ এখন চৰকাৰ থকাৰ পাছতো দিনক দিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ যিদৰে মূল্য বৃদ্ধি পাইছে, কৰৰ বোজাই দেশবাসীক যিদৰে জুৰুলা কৰিছে এইবোৰ দেখি শুনি দেশৰ প্ৰতিজন নাগৰিকে নিজকে এই প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে।
দেশৰ হাজাৰ হাজাৰ লোকৰ প্ৰাণ বিসৰ্জন, বহু পৰিশ্ৰম, ত্যাগ, কষ্ট আৰু দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত লাভ কৰা স্বাধীনতা জানো এয়াই আছিল? দেশবাসীয়ে আশা কৰিছিল; ভাৰতবৰ্ষ স্বাধীন হ'লে আমাৰ নিজৰে ভাই-ককাই দেশৰ মন্ত্ৰী হ'ব, আমাৰ ঘৰৰ লৰাই দেশ চলাব, সিহঁতে আমাৰ সমস্যাবোৰ বুজিব, আমি সুখে-সন্তোষে দিন কটাব পাৰিম। কিন্তু এই সকলোবোৰ বৰ্তমান মৰুভূমিৰ মৰিচিকা যেন হৈ পৰিছে।
আমি আশাবাদী- দেশৰ চৰকাৰ, প্ৰশাসন, দেশবাসীৰ মাজত এক সমন্বয় গঢ়ি উঠিব, যি সমন্বয়ে এদিন আমাক উপলব্ধি কৰাব যে সঁচাকৈয়ে আমি স্বাধীন দেশৰ নাগৰিক আৰু স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ।
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যঃ 9678696861
পৃষ্ঠা ৭
প্ৰৱন্ধঃ
অসমীয়া ভাষা সাহিত্যলৈ
মিছনেৰী সকলৰ অৱদান
আকাংক্ষা বৰা
নাৰী অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।
অসমীয়া ভাষা ভাৰতীয় আৰ্য ভাষাৰ সন্ততি৷ খৃষ্টপূৰ্ব পঞ্চদশ শতিকা মানত বিভিন্ন সৰু বৰ দলেৰে ভাৰতত প্ৰৱেশ কৰা আৰ্য সকলৰ যি ভাষা আছিল সিয়েই ভাৰতীয় আৰ্য ভাষা৷ এই ভাষাটি প্ৰাচীন স্তৰৰ বেদৰ ভাষা 'বৈদিক' আৰু তাৰ পৰৱৰ্তী উপনিষদ, পুৰাণ আদিৰ ভাষা 'সংস্কৃত’ ভাষাই প্ৰতিনিধিত্ব কৰে৷
পূব ভাৰতত প্ৰচলিত আৰ্য ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষা অন্যতম এটা প্ৰধান ভাষা৷ ভাৰতীয় আৰ্য ভাষাৰ ক্ৰমবিকাশৰ দ্বিতীয় স্তৰ মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত মাগধী প্ৰাকৃতেই পূব ভাৰতৰ আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ জননী৷ মাগধী প্ৰাকৃত ভাৰতৰ পূৰ্বাঞ্চলৰ আছিল আৰু প্ৰাচীন মগধ ইয়াৰ উৎপত্তিস্থান বুলি ভাষাবিদসকলে মতপোষণ কৰিছে৷ এই মাগধী প্ৰাকৃতৰ শেষ স্তৰ মাগধী অপভ্ৰংশৰ পৰাই পূব ভাৰতৰ অসমীয়া, বাংলা, উৰিয়া, মৈথিলী, ভোজপুৰী এই আধুনিক আৰ্য ভাষা কেইটাৰ উদ্ভৱ আৰু বিকাশ হয়৷
ভাষা হ’ল এটা জাতিৰ সভ্যতা সংস্কৃতিৰ বাহক৷ ভাষা হ’ল কণ্ঠোচ্ছাৰিত যাদৃচ্ছিক পদ্ধতি বিশেষ, যাৰ সহায়ত কোনো এটা সামাজিক গোষ্ঠীৰ অংগীভূত সদস্যসকলে পাৰস্পৰিক সম্পৰ্ক আৰু অন্যান্য ক্ৰিয়া সম্পন্ন কৰে৷ অসমীয়া ভাষাই বিৱৰ্তনৰ মাজেৰে আহি বৰ্তমানৰ ৰূপ পাইছে৷
অসমীয়া ভাষাৰ ক্ৰমবিৱতৰ্নৰ ইতিহাসত ঊনবিংশ শতিকাৰ সময়ছোৱা একপ্ৰকাৰৰ সংকট, অনিশ্চয়তাৰ কাল বুলি ক’ব পাৰি৷ মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত জৰ্জৰিত আৰু তথা নিশকতীয়া হোৱা অসম ১৮২৬ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাৰ পিছৰ দুটা দশক অসমীয়া ভাষাৰ বাবে মৰ আঁউসী স্বৰূপ৷ বিশেষকৈ বাংলাদেশৰ পৰা অহা এচাম লোকে অসমীয়া ভাষাক বাংলাদেশৰ উপভাষা বুলি ইংৰাজসকলক পতিয়ন নিয়াই অসমৰ পঢ়াশালি, আদালতত বঙলা ভাষাৰ প্ৰৱৰ্তন কৰে৷ সেই সময়ছোৱাত অসমীয়া ভাষা-সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত স্থৱিৰতা আহি পৰে৷ ১৮৩৬ চনত ইংৰাজ সকলে অসমৰ পঢ়াশালি, আদালতত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষা প্ৰয়োগ কৰে। ১৮৩৭ চনৰ আইন অনুসৰি ভাৰতৰ সকলো স্থানীয় চৰকাৰে আন ভাষাৰ সলনি স্থানীয় মাতৃভাষা পঢ়াশালি, আদালতত চলাই কিন্তু অসমত এই আইন উংলঘা কৰা হৈছিল৷ যাৰ ফলত নিজ জন্মভূমিতেই অসমীয়া ভাষা এলাগী হৈ পৰে আৰু বাহিৰৰ বঙালী ভাষা হৈ পৰে বুকুৰ আপোন৷
বৃটিছে অসম ৰাজ্য অধিকাৰ কৰাৰ পিছতে কমিছনাৰ জেনেৰেল জেনকিনছনৰ উপদেশ মৰ্মে ১৮৩৬ চনৰ পৰা ১৮৩৭ চনত নাথান ব্ৰাউন, লেকিংচনৰ অলিভাৰ টি. কট্টাৰ, মাইলছ্ ব্ৰনছন আদি কেইগৰাকীমান আমেৰিকাৰ ব্যাপ্তিষ্ট মিছনেৰীয়ে সপৰিয়ালে অসমলৈ আহিছিল আৰু অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিল৷ ১৮৪৬ খ্ৰীষ্টাব্দত আমেৰিকাৰ পৰা অহা ব্যাপ্তিষ্ট মিছনেৰী সকলে শিৱসাগৰত প্ৰেছ বহুৱাই "অৰুণোদয়" কাকত প্ৰকাশ কৰাৰ পাছৰ পৰাই অসমীয়া ভাষাই পুনৰ জীৱন লাভ কৰে৷ "অৰুণোদয়" কাকত প্ৰকাশৰ আগতেই ১৮১৩ চনত মিছনেৰী সকলে আত্মাৰাম শৰ্মাৰ দ্বাৰা বাইবেলৰ অসমীয়া ভাঙণি কৰাই খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ যো-জা চলায়৷ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য থাকিলেও অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাত মিছনেৰী সকলে বিশিষ্ট বৰঙনি আগৱঢ়াই গৈছে৷ অৰুণোদয় যুগৰ সাহিত্যই অসমৰ সাহিত্য-সংস্কৃতিৰ পৰিমণ্ডল অধিক সমৃদ্ধিশালী কৰি গৈছে৷
অসমত ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা খ্ৰীষ্টীয়ান মিছনেৰীসকলৰ কেইবাজনো ব্যক্তিয়ে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে কাম কৰিছিল৷ তেওঁলোকৰ ভিতৰত নাথান ব্ৰাউন অন্যতম৷ প্ৰথমে তেওঁ শদিয়াত থাকি খামটি আৰু অসমীয়া ভাষা শিকি সেই ভাষাত পাঠ্যপুথি ৰচনা কৰি নতুনকৈ পঢ়াশালি পাতি চলাই আৰু সমান্তৰালভাৱে বাইবেলৰ ভাঙণিও কৰে৷ ১৮৩৯ চনৰ খামটি বিদ্ৰোহৰ সময়ত ব্ৰাউনে কোনোমতে প্ৰাণ লৈ জয়পুৰলৈ পলাই আহে৷ ১৮৪১ চনত ধৰ্ম প্ৰচাৰকসকলে নীতি সলনি কৰি ভৈয়মীয়া লোকৰ মাজত কাম আৰম্ভ কৰে৷ সেই বছৰতে চাইৰাদ বাৰ্কাৰ নামে পাদুৰীয়ে শিৱসাগৰত থলী পাতে, ব্ৰাউন আৰু কট্টাৰেও ইয়াত যোগদান কৰে৷ ব্ৰাউন চাহাবে বাইবেলৰ নিউ টেষ্টামেণ্টৰ অসমীয়া ভাঙণি (১৮৪৯) আৰু বাইবেলৰ মেথিউ, লিউক, মাৰ্ক, য়হান- এই চাৰিটা খণ্ড অসমীয়ালৈ অনুবাদ কৰি খ্ৰীষ্টৰ বিৱৰণ আৰু শুভযাত্ৰা নাম দি বেলেগ পুথিৰ আকাৰে প্ৰকাশ কৰে৷ ১৮৪৬ চনত অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰে৷ ব্ৰাউনে ৰচনা কৰা অসমীয়া ভাষাৰ ব্যাকৰণৰ প্ৰকৃত নাম হ’ল "Grammatical Notices of the Assamese Language'৷ ইয়াৰোপৰি তেওঁ যোচেফৰ কাহিনী, যীশুখ্ৰীষ্টৰ জীৱনী, জন বনিয়ানৰ "Pilgrims Progress' যাত্ৰিকৰ যাত্ৰা নাম দি অনুবাদ কৰে৷
অ. টি. কট্টাৰৰ লগ লাগি ১৮৪৬ চনত অসমৰ প্ৰথম বাতৰি কাকত "অৰুণোদয়" প্ৰকাশ কৰে৷ ব্ৰাউনে বিভিন্ন পুথি সংগ্ৰহ কৰাৰ লগতে কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী, চুতীয়া বুৰঞ্জী আৰু বকুল কায়স্থৰ গণিত পুথি ছপা কৰি উলিয়াইছিল৷ নাথান ব্ৰাউনৰ সুযোগ্য পত্নী এলিজা ব্ৰাউনে শিশু উপযোগী সাধুকথাৰ পুথি, গণনাৰ পুথি আৰু ভূগোলৰ বিৱৰণ ৰচনা কৰিছিল৷
' হেমৰ কোষেৰে ওখ দৌল বান্ধি ভাষাক সাৰথি কৰি' হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ চূড়ান্ত কীৰ্তি প্ৰতিষ্ঠা কৰাৰ আগতে যিজনে ' নুমাব লগীয়া অসমীয়া নাম জিলিকা কৰি ৰাখিছিল' তেওঁ হ’ল মাইলছ্ ব্ৰনছন চাহাব৷ এওঁ ১৮৩৬ চনত বন্ধু সহিতে অসমলৈ আহি পোনতে শদিয়া, জয়পুৰ আৰু নামচাঙত কাম কৰে৷ তাতে তেওঁ ' পূব নগা' সকলৰ শব্দাৱলী প্ৰণয়ণ কৰে৷ নগাসকলৰ মাজত কাম কৰোতে বৰ অসুখে দেখা দিয়াত তেওঁ শিৱসাগৰেদি নগাঁৱলৈ আহি ধৰ্মপ্ৰচাৰ, শিক্ষাপ্ৰচাৰ আদিত আগভাগ লয়৷ পঢ়াশালি আৰু আদালতৰ পৰা খেদা খোৱা অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰক্ৰিয়াৰ অন্যতম কাণ্ডাৰী আছিল ব্ৰনছন চাহাব৷ ১৮৭৩ চনত লেফটেনেণ্ট গৱৰ্ণৰে শিক্ষা আৰু আইন বিভাগক লক্ষ্য কৰি কামৰূপ, দৰং, নগাঁও, লক্ষীমপুৰ আৰু শিৱসাগৰ জিলাত পুনঃপ্ৰচলন কৰাৰ আদেশ প্ৰদান কৰে৷ এইক্ষেত্ৰত ব্ৰনছন চাহাবৰ যি বলিষ্ঠ ভূমিকা সেয়া নিসন্দেহে প্ৰশংসনীয়৷ ১৮৬৭ চনত তেওঁ যাদুৰাম ডেকাবৰুৱাৰ বৰ্ণ বিন্যাসৰ ৰীতিক ভিত্তি কৰি অসমীয়া ভাষাৰ শব্দাৱলীৰ এটা মান নিৰ্ণয় কৰিবৰ বাবে ১৪,০০০ শব্দৰে ( অচমিয়া ইংৰাজি অভিধান, Compiled by M.Bronson, American Baptist Missionary, First Edition, American Baptist Missionary Press, Sibsagor 1867) প্ৰকাশ কৰে৷ এই অভিধানে বঙলাৰ খেদাত অসমৰ পঢ়াশালি, আদালতৰ পৰা অসমীয়া ভাষা পলোৱাৰ পিছতো এটি সাৰ্থক প্ৰত্যয় সৃষ্টি কৰিব বিচাৰিলে৷ তেওঁ অসমত অসমীয়া ভাষাৰ সলনি বাংলা ভাষা প্ৰচলন কৰাৰ কাৰণে অকাট্য যুক্তিসহ তীব্ৰ প্ৰতিবাদ কৰিছিল৷ ১৮৭৬ চনত 'যাবলৈ মোৰ সত নাই, মোৰ হিয়া অসমতে থাকি যাব বুলি' তেওঁ অসমৰ পৰা বিদায় লয়৷
নাথান ব্ৰাউন আৰু মাইলছ্ ব্ৰনছনৰ পাছত এ. কে. গাৰ্নি অৰুণোদয় যুগৰ তথা মিছনেৰী সাহিত্যৰ অন্যতম হোতা৷ তেওঁ ধৰ্মযাজক পদ গ্ৰহণ কৰি খ্ৰীষ্টধৰ্মৰ প্ৰচাৰ আৰু পুথি প্ৰণয়ণ কাৰ্যত ব্ৰতী আছিল৷ অৰুণোদয় সম্পাদনা কৰাৰ উপৰিও ১৮৮০ চনত হিব্ৰু ভাষাৰপৰা অল্ড টেষ্টামেণ্ট অসমীয়ালৈ অনুবাদ কৰে৷ তদুপৰি ৰুথ আৰু যোচেফৰ কাহিনী (১৮৮১), কানি বেহেৰুৱাৰ কথা ( ১৮৭৮), এলোকেশী বেশ্যাৰ কথা (১৮৭৭) আৰু কামিনীকান্তৰ চৰিত্ৰ (১৮৭৭) গ্ৰন্থ ৰচনা কৰে৷ ১৯০৫ চনত গাৰ্ণিয়ে দীপ্তি নামেৰে মাহেকীয়া আলোচনীৰ ৬টা সংখ্যা প্ৰকাশ কৰে৷ গাৰ্ণিয়ে ৰচনা কৰা এলোকেশী বেশ্যাৰ কাহিনী আৰু কামিনীকান্তৰ চৰিত্ৰ খ্ৰীষ্টধৰ্ম সম্পৰ্কীয় প্ৰচাৰধৰ্মী মনোভাবৰ বাবে প্ৰকৃত উপন্যাসৰ শাৰীলৈ উঠিব নোৱাৰিলে যদিও ৰচনা দুখনক অসমীয়া উপন্যাসৰ প্ৰাথমিক নিদৰ্শন ৰূপে গণ্য কৰিব পাৰি৷
নিধিৰাম ফাৰৱেল ( প্ৰকৃত নাম নিধিৰাম কেওট) মিছনেৰী সাহিত্য ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তি৷ মিছনেৰীসকলৰ সহায়ত শিক্ষা লাভ কৰি তেওঁ খ্ৰীষ্টধৰ্মত শৰণ গ্ৰহণ কৰে৷ খ্ৰীষ্টধৰ্মৰ প্ৰচাৰৰ লগতে অসমীয়া ভাষাৰ হৃত গৌৰৱ উদ্ধাৰৰ প্ৰচেষ্টাত পাৰ্যমানে সহায় কৰে৷ তেওঁ অৰুণোদয় কাকতৰ নিয়মীয়া লেখক আছিল৷ ১৮৫৫ চনত পদাৰ্থ বিদ্যাৰ সাৰ নামৰ পুথি ৰচনা কৰে৷ নাথান ব্ৰাউন আৰু ব্ৰনছন চাহাবৰ সোঁহাতস্বৰূপ নিধিৰামে ব্ৰনছন চাহাবক অভিধান প্ৰণয়ণ কাৰ্যত সহায়ৰ হাত আগবঢ়ায়৷
ব্ৰাউন, ব্ৰনছন, এ. কে. গাৰ্ণি আদি মুখ্য খ্ৰীষ্টীয়ান লেখকসকলৰ উপৰিও আৰু ভালে কেইগৰাকী খ্ৰীষ্টীয়ান লেখকে অসমীয়া সাহিত্য জগতলৈ বৰঙণি আগবঢ়ায় গৈছে৷ শ্ৰীমতী এছ. আৰ. ৱাৰ্ডৰ ইংৰাজী অসমীয়া শব্দকোষ (১৮৬৪), শ্ৰীমতীৰ কট্টাৰৰ ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ (১৮৪৮) দুখন উল্লেখযোগ্য গ্ৰন্থ৷ আনহাতে অ.টি. কট্টাৰ, ডেনফোৰ্থ, ক্লাৰ্ক, ৱাৰ্ড আদিয়ে অৰুণোদয় সম্পাদনা কৰি অসমীয়া সাহিত্যলৈ বৰঙনি যোগাই গৈছে৷ ইয়াৰ বাহিৰেও হেনৰি আৰু তেওঁৰ লগুৱা, আমেৰিকা আৱিষ্কাৰ, আফ্ৰিকাৰ কোঁৱৰ আদি বিভিন্ন বিষয়ৰ পুথি পোৱা যায়৷ এইসমূহ খ্ৰীষ্টীয়ান মিছনেৰী সকলৰে সৃষ্টি৷ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য বিভিন্ন বিষয়ৰ পুথি ৰচনা কৰিছিল যদিও সেইবোৰে সাহিত্যৰ ভঁৰালটো সমৃদ্ধ কৰি তুলিছিল৷
খ্ৰীষ্টীয়ান মিছনেৰীসকলৰ সাহিত্যক প্ৰচেষ্টাত সেইসময়ৰ কেইবাজনো অসমীয়া ডেকাই আন্তৰিকতাৰে যোগ দিছিল৷ ইয়াৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আছিল অগ্ৰগণ্য৷ ধৰ্ম প্ৰচাৰৰ আদৰ্শ এওঁলোকৰ ৰচনাৱলীত পোৱা নাযায় যদিও অসমৰ সাহিত্য জগতলৈ তেওঁলোকে বিশিষ্ট বৰঙণি যোগাই গৈছে৷ ঐতিহাসিক গৱেষণা, জীৱন চৰিত্ৰ, ভ্ৰমণ বৃত্তান্ত, অভিধান প্ৰণয়ণ, নাটক ৰচনা, কাকত সম্পাদনাৰ যোগেদি অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাত এক শক্তিশালী ভেটি নিৰ্মাণ কৰি গৈছে৷
অসমীয়া ভাষা-সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান:
১) মিছনেৰীসকলে লুপ্তপ্ৰায় অসমীয়া ভাষা-সাহিত্যক অকাল মৃত্যুৰ পৰা ৰক্ষা কৰাত সঞ্জীৱনী সুধাৰ দৰে কাম কৰিলে বুলি ক’লেও ভুল কোৱা নহ’ব৷ তেওঁলোকে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে যুঁজ দি অসমীয়া ভাষাক পঢ়াশালি আৰু আদালতত পুনৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিলে৷ কলিকতাৰ সদৰ দেৱানী আদালতৰ জজ মোফাত মিলচ্ চাহাবৰ আগত স্মাৰকপত্ৰ দাখিল কৰোতে, ৰবিনচন চাহাবৰ অসমীয়া বিৰোধী অভিমতৰ তীব্ৰ প্ৰতিবাদ জনাইছিল৷ অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰমাণ কৰাৰ লগতে অসমীয়া জনসাধাৰণৰ উন্নতি যে মাতৃভাষাৰ পৰা লাভ কৰা শিক্ষাৰ পৰাহে সম্ভৱ এই কথা প্ৰমাণসহ ব্যাখ্যা কৰাৰ ক্ষেত্ৰত মিছনেৰী ধৰ্ম প্ৰচাৰকসকলে যি অহোপুৰুষাৰ্থ কৰিলে তাৰ বাবে অসমীয়া ভাষা-ভাষী তেওঁলোকৰ ওচৰত ঋণী৷
২) মিছনেৰীসকলৰ উদ্যোগতে অসমীয়া ভাষাত প্ৰথমে বাতৰি কাকত, আলোচনী প্ৰকাশ কৰি পাশ্চাত্য জগতৰ জ্ঞানৰ দুৱাৰ মুকলি কৰি দিছিল৷
৩) ব্যাকৰণ, অভিধান, পাঠ্যপুথি প্ৰস্তুত কৰি অসমীয়া সাহিত্যৰ ভেটি সুদৃঢ় কৰিলে৷ যদিও তেওঁলোকে নিজৰ সুবিধাৰ বাবেই প্ৰণয়ণ কৰিছিল, ইয়াৰ দ্বাৰা অসমীয়া ভাষাৰ যে প্ৰভূত উপকাৰ সাধিলে সেই বিষয়ে সন্দেহৰ কোনো অৱকাশ নাই৷
৪) মিছনেৰীসকলে পুৰণি জ্ঞান-বিজ্ঞান, বুৰঞ্জী পুথি সংগ্ৰহ কৰি প্ৰকাশ কৰিছিল আৰু মূল্যৱান সম্পদ কেনেদৰে আৰু কিয় সংগ্ৰহ কৰা প্ৰয়োজন সেই বিষয়ে অসমীয়া জাতিক শিকাই গ’ল৷ অন্যথা বহু প্ৰাচীন পুথি কালৰ সোঁতত হেৰাই গ’লহেঁতেন৷
৫) মিছনেৰীসকলে ইংৰাজী শব্দৰ ভাব লৈ নতুন নতুন শব্দ সংযোজন কৰিলে আৰু অসমীয়া ভাষাৰ যিবোৰ শুৱলা শব্দ ব্যৱহাৰৰ অভাৱত ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছিল, সেইবোৰ পুনৰ ব্যৱহাৰোপযোগী কৰিলে৷
৬) মিছনেৰীসকলে আমাৰ ভাষাক এটা সুৰ শিকাই থৈ গ’ল৷ সেই সুৰটি অসমীয়া ভাষাই আগতে নাজানিছিল৷ তেওঁলোকৰ লেখাৰ যোগেদিয়েই পাশ্চাত্য ভাবধাৰাই অসমীয়া ভাষাত প্ৰৱেশ কৰে৷
৭) মিছনেৰীসকলে "অৰুণোদয়" কাকতৰ যোগেদি হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে এদল উচ্চমানৰ লেখকৰ সৃষ্টি কৰিলে৷ তেওঁলোকৰ অনুপ্ৰেৰণাতে এইসকল অসমীয়া লেখকে ন ন সাহিত্য সৃষ্টিৰে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিলে৷
৮) অৰুণোদয় কাকতৰ যোগেদি অসমীয়া মানুহে দেশ-বিদেশৰ বতৰা, ইতিহাস, বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ সম্ভেদ লাভ কৰে৷ সেইবাবে মহেশ্বৰ নেওগে মতপোষণ কৰিছিল- 'ৰাজভগনৰ পৰা বাদুলিয়ে কলথোক খোৱালৈকে' সকলো কথা অৰুণোদয়ত প্ৰকাশ পাইছিল৷
৯) মিছনেৰীসকলৰ যোগেদিয়ে অসমত ইংৰাজী শিক্ষাৰ বাট প্ৰশস্ত হয় ফলত ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱাৰ উপৰিও অসমীয়া মানুহে আধুনিকতাৰ সোৱাদ লাভ কৰে৷ অৰুণোদয় যুগতে আধুনিক অসমীয়া সাহিত্য- উপন্যাস, নাটক, কবিতা আদিৰ শুভাৰম্ভ হয়৷
মিছনেৰীসকলে অসমীয়া ভাষা-সাহিত্য তথা সমাজ জীৱনলৈ বিৰল বৰঙণি আগৱঢ়াই থৈ গৈছে৷ তেওঁলোকৰ ঐকান্তিক প্ৰচেষ্টাত জন্মলাভ কৰা "অৰুণোদয়" কাকত আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্ৰাণস্বৰূপ৷ এই কাকতখনে অসমীয়া মানুহৰ মনত গভীৰ আত্মপ্ৰত্যয়, জাতীয় চেতনা, ঐতিহ্যপ্ৰীতিৰ উন্মেষ ঘটালে৷ অসমীয়া মানুহ আৰু অসমীয়া সাহিত্যলৈ নামি অহা স্থবিৰতাক এক অনন্য গতি প্ৰদান কৰাত তথা প্ৰাচীনৰ পৰা আধুনিকলৈ, পূৰ্বৰ সীমাবদ্ধতাৰ পৰা সুবিশাল জগতখনলৈ লৈ যোৱাত মিছনেৰীসকলৰ ভূমিকা অপৰিসীম৷ এক কথাত মিছনেৰীসকল অসমীয়া ভাষা-সাহিত্যৰ পথ প্ৰদৰ্শক৷
পৃষ্ঠা ৮
স্কিজ’ফ্ৰেনিয়াঃ মগজুৰ এক গুৰুতৰ ৰোগ
নিৰুপমা ডেকা
( এক মগজুৰ গুৰুতৰ ৰোগ, যাৰ লক্ষণ শৰীৰত নহয়, ফুটি উঠে মানসিক জগতত আৰু বিধ্বস্ত কৰি দিয়ে জীৱনৰ সুগম পথ )
সচাৰচৰ আমি শাৰীৰিক ৰোগৰ তুলনাত মানসিক ৰোগবোৰক গুৰুত্ব নিদিওঁ ৷ কিন্তু আমি মানসিক ৰোগবোৰক বুজি উঠাৰ বহুত প্ৰয়োজন আছে ৷ এনে ৰোগবোৰক নুবুজাৰ বাবেই পৰিয়ালত বহু বিভ্ৰান্তি আৰু সংঘাতো হয় ৷ যিহেতু এই ৰোগ প্ৰথমতে শৰীৰত ফুটি নুঠে, ই মগজুৰ ৰাসায়নিক ক্ৰিয়াৰ কিবা ভুলৰ ফলত মানসিকতাত ফুটে সেয়ে ই আনৰ মনক ৰোগ বুলি চিধাই পতিয়ন নিয়াব নোৱাৰে ৷ মানুহৰ মনটোক আৱেগ, অনুভূতি, সংবেদন, চিন্তন, স্মৃতিশক্তি, প্ৰজ্ঞান আদি বিভিন্ন মানসিক ক্ষমতা বা কাৰ্যৰ সমষ্টি বুলিব পাৰি ৷ আৰু স্কিজ’ফ্ৰেনিয়া ৰোগত এই কাৰ্য সমষ্টিটোৰ ক্ষমতাটোৱেই অস্বাভাৱিক হৈ পৰে ৷
এতিয়া আহক স্কিজ’ফ্ৰেনিয়া নো কি তাকে জানি লওঁ ৷ স্কিজ’ফ্ৰেনিয়া মানে খণ্ডিত মন ৷ এই শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে ৷ ইয়াৰ বুৎপত্তিগত অৰ্থ এনেধৰণৰ-- Schiz শব্দৰ অৰ্থ বিভক্ত বা খণ্ডিত; Phrenia শব্দৰ অৰ্থ মন ৷ জ্ঞান ( Cognition ), অনুভূতি ( Emotion ), আৰু ইচ্ছা বা সক্ৰিয় মানস ( Conation ), এই তিনিটা প্ৰক্ৰিয়াৰ সু-সমন্বয়ৰ ওপৰতে মনোজগতখনৰ অৱস্থা নিৰ্ভৰ কৰে আৰু এই সমন্বয় নষ্ট হ’লেই এজন লোক স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত হয় ৷ উল্লেখযোগ্য যে ১৯১১ চনত ইউজেন ব্লয়লাৰ নামৰ চুইজাৰলেণ্ডৰ এজন মনোৰোগ বিশেষজ্ঞই এই ৰোগৰ নতুন নামাকৰণ স্কিজ’ফ্ৰেনিয়া কৰে ৷
১৯২০ চন মানলৈ এই ৰোগৰ কোনো ফলপ্ৰসূ চিকিৎসা পদ্ধতি উদ্ভাৱন হোৱা নাছিল ৷ ইয়াৰ পাছতহে ক্ৰমাগত ভাবে ইয়াৰ চিকিৎসাৰ উপায় লাহে লাহে বিভিন্ন ধৰণে কৰাৰ চেষ্টা কৰে ৷ অৱশেষত বহু চেষ্টাৰ অন্তত ১৯৫২ চনত প্ৰথম স্কিজ’ফ্ৰেনিয়াৰ ঔষধ ক্ল’ৰপ্ৰমাজিন ( Choloropromazine ) উদ্ভাৱন হয় ৷ লাহে লাহে উন্নতমানৰ আৰু বহু ঔষধ ওলাইছে আৰু বৰ্তমান এই দীৰ্ঘস্থায়ী ৰোগ নিৰাময় কৰিব পৰা হৈছে ৷এই ৰোগ আচলতে মগজুৰ বিভিন্ন ক্ৰিয়াৰ বিজুতি ঘটি হয় ৷ ই প্ৰকৃততে মগজুৰ ৰোগ হে-- মাত্ৰ লক্ষণবোৰহে মানসিক ৷
এই ৰোগৰ প্ৰায় ৭৫% ৰোগীৰৰোগ আৰম্ভ হয় কৈশোৰ কাল শেষ হৈ যৌৱন কাল আৰম্ভ হোৱাৰ বয়সত অৰ্থাৎ ১৪ ৰ পৰা ২৪ বছৰৰ ভিতৰত । ২৫% ৰ ৪৪ বছৰৰ পৰা আৰম্ভ হয় ৷ মহিলাসকলৰ সৰহসংখ্যকৰ ২৫ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত আৰম্ভ হয় ৷
স্কিজ’ফ্ৰেনিয়া ৰোগে মানুহৰ মনোজগতখনক চূৰমাৰ কৰি পেলায় ৷ এই ৰোগৰ লক্ষণবোৰ ৰোগীজনৰ অস্বাভাৱিক ব্যৱহাৰ আৰু কৰ্ম-কাণ্ডতহে ফুটি উঠে ৷ যেনে
...বিভিন্নধৰণৰ চিন্তা, আৱেগ আৰু প্ৰত্যক্ষৰ বিজুতিত ৰোগীজন এক অকল্পনীয় মানসিক কষ্টত ভোগে ৷ এনে ৰোগীয়ে মনত অযথা সন্দেহ যেনে কোনোবাই তেওঁক মাৰিবলৈ বিচাৰিছে, কোনোবাই তেওঁৰ খাদ্যত বিষ দিব, কোনোবাই তেওঁৰ সকলো লুটিপুটি নিব, সন্তানৰ ক্ষতি কৰিব আদি ৷ আনলৈ ভয়, আনে নক’লেও কাৰোবাৰ কথা শুনা বা কোনো দেখাত নাই অথচ অহৰহ কথা পাতি থকা আদি ৷ তাৰ উপৰিও এনে ৰোগীয়ে কোনো ধৰণৰ আৱেগ অনুভৱ নকৰা, বিভিন্ন ভ্ৰমে মন বিশৃংখল কৰি ৰখা আদি অসহনীয় কষ্টৰ মাজত সময় পাৰ কৰে ৷
এই সময়ত আত্মাীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ সহায়-সহানুভূতি ৰোগীজনৰ একমাত্ৰ সম্বল ৷ এনে সময়ত যদি আপোনজনেই অৱহেলা কৰে, এৰাই চলে, ৰোগীজনক আপোন বুলি ক’বলৈ লাজ পায়, তেতিয়া স্কিজ’ফ্ৰেনিয়া কেৱল ৰোগেই নহয়, ৰোগীজনৰ বাবে চৰম শাস্তিও হয় ৷ সেয়ে সু-সংগত চিকিৎসা আৰু আপোনজনৰ সাহচৰ্য্যৰ জৰিয়তে এই ৰোগ নিৰাময় কৰিব পৰা যায় বুলি এই ৰোগক বুজি ৰোগীজনক মতলবী, ভয়াতুৰ, পাগল আদি বুলি আঁতৰাই নথৈ সু-পৰিচালনাৰে চিকিৎসা কৰি ভাল কৰাৰ যত্ন কৰিব লাগে ৷
গতিকে ইয়াৰ পৰা ৰোগীক স্বাভাৱিক অৱস্থালৈ আনিবলৈ তলত দিয়া ধৰণে চেষ্টা কৰক---
১) স্কিজ’ফ্ৰেনিয়া ৰোগৰ বিষয়ে যিমান পাৰে জানক ৷
২) ৰোগীৰ ব্যৱহাৰত আহত নহ’ব ৷
৩) ৰোগীৰ অস্বাভাৱিকতা দেখি উত্ৰাৱল নহ’বলৈ শিকক ৷
৪) ঘৰুৱা জীৱন যিমান পাৰি স্বাভাৱিক কৰি ৰাখক ৷
৫) ৰোগীক আত্মনিৰ্ভৰশীল হ’বলৈ শিকাওক ৷
৬) পৰিয়ালৰ সুস্থজনক বা সন্তানবোৰক ৰোগীৰ যত্ন লৈ বিৰক্ত হৈ অৱহেলা নকৰিব ৷
৭) ৰোগীৰ যত্নৰ লগতে নিজৰ যত্নও সমানে লৈ থাকিব।
৮) এই ৰোগ ভাল হৈ উঠা লোকেৰে আত্মসহায়ক গোট গঠন কৰি মাহেকে- পষেকে নতুন ৰোগীক দিহা-পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰক ৷
পৰম্পৰাগত মানসিক ৰোগবোৰক দুটা ভাগত ভগোৱা হয়--
(১) আংগিক (Organic)
(২) কাৰ্মিক (Functional)
যিবোৰ মানসিক ৰোগৰ এক স্পষ্ট শাৰীৰিক কাৰণ থাকে সেইবোৰ আংগিক বা Organic মানসিক ৰোগ ৷ মগজুৰ টিউমাৰ আৰু ছিফিলিছ আদি শাৰীৰিক ৰোগৰ ফলত মানসিক অস্বাভাৱিকতা দেখা যায় ৷ এনেবোৰ ৰোগ আংগিক মানসিক ৰোগ ৷ কিন্তু যিবোৰ ৰোগৰ কোনো স্পষ্ট কাৰণ নাই অথচ কোনো লোকৰ তাত মানসিক অস্বাভাৱিকতা বিদ্যমান তেনে লোকৰ ক্ষেত্ৰত কাৰ্মিক বা Functional মানসিক ৰোগ যেনে-- দুশ্চিন্তা, স্কিজ’ফ্ৰেনিয়াৰ দৰে মানসিক ৰোগৰ প্ৰতিফলন হে হয় স্বভাৱত ৷ আধুনিক গৱেষণাবোৰত দেখা গৈছে যে প্ৰকৃততে প্ৰায়বোৰ মানসিক ৰোগত মগজুৰ স্নায়ু-ৰসায়নবোৰৰ বিজুতি ঘটে ৷ এইবোৰ দৰাচলতে মগজুৰহে ৰোগ ৷ কেৱল ৰোগৰ প্ৰকাশিত মাধ্যমটো আৰু লক্ষ্যণবোৰহে মানসিক ৷ শুদ্ধকৈ ক’বলৈ হ’লে যিবোৰ মানসিক ৰোগৰ কাৰণ নিৰ্ণয় কৰিব নোৱাৰি সেইবোৰেই কাৰ্মিক বা Functional মানসিক ৰোগ ।
এই কাৰ্মিক বা Functional মানসিক ৰোগক আকৌ দুটা স্তৰত ভাগ কৰিব পাৰি--
(১)মনস্তাপ (Neurosis)
(২)মনোবিক্ষিপ্ত (Psychosis)
বিষণ্ণতা, দুশ্চিন্তা, দুৰ্ভীতি আদি মনস্তাপী ৰোগ ৷ এইবোৰ ৰোগত ৰোগীৰ চকুত পৰাকৈ অস্বাভাৱিকতা দেখা নাযায় ৷ তেনে ৰোগীৰ বাস্তৱ জ্ঞান অটুট থাকে, সেয়ে নিজৰ কষ্টৰ উপশম নিজে সজাগ হৈ বিচাৰিবলৈ যত্ন কৰে ৷ আনহাতে মনোবিক্ষিপ্তবোৰ অতি গুৰুতৰ মানসিক ৰোগ আৰু ইয়াকেই সময়ত স্কিজ’ফ্ৰেনিয়া বুলি নামাকৰণ কৰা হয় ৷ এইবোৰ ৰোগত ৰোগীৰ কথা-বতৰা আৰু আচৰণ-পাতি চকুত পৰাকৈ অস্বাভাৱিক হয় ৷ এই ক্ষেত্ৰত ৰোগীৰ অন্তৰ্দৃষ্টি নাথাকে, তেওঁ নিজে ৰোগৰ কথা বুজি নাপায় ৷ আনেও সহমৰ্মিতা নেদেখুৱাই, কাৰণ ৰোগীৰ অদ্ভুত আচৰণৰ কোনো কাৰণ আনে বিচাৰি নাপায় ৷
এইখিনিতে কিছু ব্যক্তিগত অভিজ্ঞতাৰ কথা ক’বলৈ ওলাইছোঁ ৷ কিতাপ জীৱনৰ অভিন্ন সঙ্গী ৷ আমাৰ মনত কিতাপ পঢ়াৰ আগ্ৰহ জন্ম লোৱাৰ মূলতে বহু কেইটা কথা সোমাই থাকে ৷ আমি বহু সময়ত আমাক মনোৰঞ্জন দিবলৈ কিতাপ পঢ়োঁ, জীৱন সম্পৰ্কে জ্ঞান অৰ্জন কৰিবলৈ কিতাপ পঢ়োঁ, কোনো এটা বিষয়ক খৰচি মাৰি জানিবলৈ কিতাপ পঢ়োঁ ৷ মুঠতে এক কথাত ক’বলৈ হ’লে কিতাপ আমি আনন্দ ল’বলৈ পঢ়াৰ লগতে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈও পঢ়োঁ ৷
এনে এটা ৰোগৰ কথা যেতিয়া প্ৰথম শুনিলোঁ অথচ তাৰ বিষয়ে একো জানিব পৰা নাছিলোঁ, তেতিয়া এই নজনা জটিল মানসিক ৰোগৰ বিষয়ে জনাৰ আগ্ৰহতে লেখক তথা গুৱাহাটী মানসিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডা° 'পঙ্কজলোচন শৰ্মা' দাঙৰীয়াৰ "স্কিজ’ফ্ৰেনিয়া" নামৰ কিতাপখন সংগ্ৰহ কৰি খুব মনোযোগেৰে সৈতে পঢ়িছিলোঁ আৰু এই কিতাপখন পঢ়ি মই মোৰ গল্পপুথি "দুৰ্জেয়"ত সন্নিৱিষ্ট কৰা প্ৰথম গল্প 'আত্মজ'টোৰ জন্ম দিছিলোঁ এগৰাকী এনে ৰোগীক কেন্দ্ৰ কৰি ৷ এই গল্পটো ৰহস্যৰ পাততো প্ৰকাশ হৈছিল আৰু গল্পটো পঢ়ি দুজনমান পাঠকে মোক এই ৰোগৰ লক্ষণ সম্পৰ্কে আৰু বহলাই সুধিছিল আৰু মই মোৰ জনাৰ ভিতৰত যি পাৰোঁ কৈছিলোঁ ৷ তেওঁলোকৰ পৰিয়ালত তেনে ৰোগী আছিল আৰু সেইবোৰ লক্ষণ যে ৰোগৰ কাৰণ হ’ব পাৰে তেওঁলোক অৱগত নাছিল ৷ মোৰ গল্পটো পঢ়াৰ পিছত তেওঁলোকে তেওঁলোকৰ আত্মীয়ৰ চিকিৎসা কৰি উপকৃত হৈছে ৷ মোৰ চিনাকি দুটামান পৰিয়ালতো মোৰ এই কিতাপখন পঢ়াৰ গুণতে এই বিষয়ে হোৱা অকণমান জ্ঞানেৰে সহায় কৰি পৰিয়াল কেইটাক সকাহ দিব পাৰিছিলোঁ আৰু ইয়াৰ জৰিয়তে তেওঁলোকে চিকিৎসা কৰি তেওঁলোকৰ আত্মীয়ক ভাল কৰি এতিয়া সুন্দৰ জীৱন যাপন কৰি যাবলৈ সক্ষম হৈছে ৷
এতিয়া ভবাৰ পাল, এখন কিতাপে দিয়া এক বিশেষ জ্ঞানে মানুহৰ কিমান হিত সাধিব পাৰে ৷ এতিয়া আহোঁ কিতাপখন সম্পৰ্কীয় কিছু কথালৈ ৷ কিতাপখনত থকা মূল কথাখিনি ।মই ওপৰত ব্যাখ্যা কৰিছোঁ ৷ বহু বিতংকৈ তাত ব্যাখ্যা কৰিছে । ইমান সৰু লেখা এটাৰে ইয়াক সামৰা সম্ভৱ নহয় ৷ সেয়ে অতি প্ৰয়োজনীয় আৰু জানিব লগীয়াখিনেহে মই ইয়াত লিখিছোঁ ৷
আমি মানুহবোৰে সাধাৰণতে স্বাস্থ্য বুলি ক’লে এটা শাৰীৰিক নিৰোগী অৱস্থাকে চিধাই বুজি লওঁ ৷ বৰ্তমান কিছু সংখ্যক লোক মানসিক স্বাস্থ্য সম্পৰ্কে সজাগ যদিও এতিয়াও শিক্ষিত বা অশিক্ষিত, গাঁও বা চহৰৰ অধিক সংখ্যক লোকেই মানসিক স্বাস্থ্য সম্পৰ্কে সজাগ নহয় আৰু কৰোবাক সাধাৰণতকৈ অলপ বেলেগ দেখিলেই তুচ্ছ তাচ্ছিল্যহে কৰে আৰু এইবোৰ মতলব, কাম নকৰাৰ ফন্দি, আনক ভাল নোপোৱা মানুহ, হিংসাকুৰীয়া আদি নামেৰে অভিহিত কৰি সমাজৰ সাধাৰণ মানুহৰ ঘৃণাৰ পাত্ৰ কৰি সমাজৰ পৰাই নিলগাই পেলাই আৰু সেই মানসিক ৰোগত আক্ৰান্ত লোকজনে তিলতিলকৈ নৰক সম জীৱন যাপন কৰি এদিন জীৱনৰ মায়া এৰে ৷
যিসকল লোকে নিজৰ সম্পৰ্কে স্পষ্ট ধাৰণা, চিন্তাভাবনাৰ স্বচ্ছতা, আৱেগ-অনুভূতি সম্পৰ্কে সচেতন আৰু সেইবোৰ প্ৰকাশৰ সক্ষমতা, ব্যক্তিগত আৰু সামাজিক জীৱনত সক্ৰিয় হৈ দৈনন্দিন সাধাৰণ প্ৰতিকুল পৰিৱেশৰ সন্মুখীন হোৱাৰ যোগ্যতা বহন কৰিব পাৰে তেনে লোকেই মানসিক সু-স্বাস্থ্যৰ অধিকাৰী হয় ৷ গতিকে আহক সকলোৱে আমাৰ মানসিক স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হওঁ ৷ মানসিক সু-স্বাস্থ্যই বহু পৰিমাণে শাৰীৰিক সু-স্বাস্থ্যৰ সহায়ক আৰু যোগাত্মক কাৰক হয় ৷
পৃষ্ঠাঃ ৯
বগা মন এটাৰ প্ৰয়োজন
দুৰ্গেশ্বৰ শইকীয়া
মাজুলী
অলপতে নতুন সোৱাদৰ কিতাপ এখন পঢ়িছিলোঁ। কিতাপ খনৰ নাম - "তামোলৰ পিক, শিক্ষক, আছু ইত্যাদি" ।(লেখক - প্ৰাঞ্জল প্ৰতিম বড়া)। কিতাপ খনৰ "মোক এজন বগা মানুহ দিয়া" শীৰ্ষক লেখাটিৰ দুটামান কথাই সাম্প্ৰতিক সময়ৰ মানুহৰ মানসিক চিন্তা, ধ্যান ধাৰণাৰ বিষয়ে এবাৰ চিন্তা কৰিবলৈ বাধ্য কৰালে। মনৰ এই চিন্তাৰ কথাকে প্ৰকাশ কৰিব খুজিছোঁ।
এইযে বগা মানুহ, ক'লা মানুহ (গাৰ ছাল চটাৰ জোখেৰে) ৰ ধাৰণাটো যে আত্মিক ভাৱে, বৌদ্ধিক ভাৱেহে চাব লাগে তাক আকৌ এবাৰ ভালদৰে উপলব্ধি কৰিলোঁ। এই খিনিতে লেখাটোৰ এটা বিশেষ অংশ (লেখকৰ নিজৰ কথা) দাঙি ধৰিলে হয়তো মই ক'ব খোজা কথাখিনি সহজবোধ্য হ'ব। লেখকৰ নিজৰ ভাষাৰে - "এবাৰ মই ঘৰৰ পৰা মনে মনে পইচা চুৰ কৰি নি চোলা এটা কিনিলোঁ। বগা কটন চোলা। (বগা ৰং লেখকৰ পৰিয়ালৰ সকলোৰে পচন্দৰ বুলি উল্লেখ কৰিছে)। নতুন চোলাটো ককাই হাতত লৈ চালে আৰু ক'লে - কণমানি ল'ৰাই ৰংচঙীয়া কাপোৰ পিন্ধিব লাগে। মনটো উজ্জ্বল লাগে। বগা ৰং পচন্দ কৰিছা ঠিকেই, কিন্তু ভিতৰৰ মনটোও সৰুৰে পৰা বগা কৰিবলৈ শিকিবা। তেহে শুৱাব বগা চোলাই। "দেউতাই মোক প্ৰশ্ন কৰিলে," চোলাটো কিনিবলৈ পইচা ক'ত পালি ? মোক কোৱা হ'লে মইয়ে আনি দিলোহেঁতেন। বগা চোলা কিনিছ ঠিকেই, মনে মনে পইচা নি তই তোৰ ভিতৰৰ ক'লা খিনিকহে উদঙাই দিলি। ভিতৰৰ ক'লাক বগা চোলাৰে ঢাকিব নোৱাৰি। "
এতিয়া আহোঁ মই ক'ব খোজা কথালৈ। প্ৰথম কথা - পৰিয়ালগত সংস্কাৰ। সাম্প্ৰতিক সময়ত এই সংস্কাৰৰ দৈন্যতা গৰিষ্ঠ সংখ্যক লোকৰ ক্ষেত্ৰতে (বিশেষকৈ কিশোৰ আৰু যুৱ চামৰ) ভয়াবহ ৰূপত প্ৰকট হৈছে। পৰিয়ালে সেই সংস্কাৰ দিব পৰা নাই নে, আমি সমাজে, অভিভাৱক সকলে সেই সংস্কাৰ দিয়াত ক'ৰবাত ব্যৰ্থ হৈছোঁ ? কথাটো নিজৰ বেলিকাও অকপটে বিচাৰ কৰি চাওঁ। এইযে বগা বা চাফা পোছাক এটাৰে ভিতৰৰ ক'লাখিনি ঢাকি ৰাখিব নোৱাৰি - কথাটো বাৰে বাৰে ভাৱি চাব লগীয়া নহয়নে ? আমি দেখা পাওঁ - সুচিন্তাৰ ব্যক্তি সকলৰ ক্ষেত্ৰতো আন এচাম ভিতৰি ক'লা মনৰ মানুহে ভ্ৰান্ত ধাৰণা একোটা জাপি দিবলৈ চেষ্টা কৰি থকা নাইনে ?
সততে দেখিছোঁ - আমাৰ সমাজৰ একোজন নিঃস্বাৰ্থ, সৎ অন্তৰৰ ব্যক্তিক, ফোপোলা, অসৎ লোকে কৌশলেৰে হেয় প্ৰতিপন্ন কৰিবলৈ উঠিপৰি লাগে।
আজিৰ পৰা চাৰি কি পাঁচ বছৰৰ আগতে মই কৰ্মৰত বিদ্যালয়খনৰ মুৰব্বী হিচাপে শ্ৰেণী পৰ্য্যবেক্ষণ কৰিবলৈ দ্বাদশ শ্ৰেণীত সোমালো। ভালেকেইজন মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী থকা কোঠাটোৰ চুক এটালৈ চকু যোৱাত থৰ লাগিলো। গোটেই চুকটো আৰু বেৰৰ আধালৈ চিখৰ, গুটখা, বিমলৰ পিকেৰে চাব নোৱৰা অৱস্থা। লগতে বিদ্যুতৰ বৰ্ড এখন ভুকুৱাই অথবা আন কিবাকৈ ভঙা। শ্ৰেণীটোৰ কোনেও কাৰো কথা নকয়। (ঐক্য ?)। বহু কৌশল কৰি পিছত যিকেইটা ল'ৰাই এই কাম কৰা বুলি জানিলোঁ, আচৰিত হ'লো কেউটাই ভাল ঘৰৰ। পোচাক - পাতিও পৰিপাটি।
আকৌ এবাৰ দেখিলোঁ আমাৰ স্থানীয় বজাৰ স্থানৰ এঠাইত যুৱ ছাত্ৰ সকলৰ অৱস্থান ধৰ্মঘট। আমাৰ বিদ্যালয়ৰো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। ধৰ্মঘটৰ পিছদিনা স্থানীয় দোকানী দুজনে দেখুৱালে চাওকচোন, আপোনালোকৰ শিষ্য সকলৰ কাম। হয় দুখন দোকানৰ বাৰাণ্ডাত সেই সুলভ দৃশ্য। তামোল, গুটখা, চিখৰ, বিমলৰ পিকেৰে ফুল বচাই নহয়, দিচপজেবল গিলাচ, ফলা কাগজ, খালি পানীৰ বটলৰ দৃষ্টিকটু দ'ম। এয়া বাৰু কিশোৰ, যুৱ সকলৰ কথা। গাত কথা লগা নাই বুলি ধৰি ল'লো। কিন্তু, আপুনি বাৰু ৰাজহুৱা স্থানত থকা ৰাজহুৱা প্ৰস্ৰাৱগাৰ, শৌচাগাৰ আদিত সুস্থ মনেৰে প্ৰস্ৰাৱ, শৌচ কৰাৰ সুবিধা পাইছেনে ? এই সমূহ ৰাজহুৱা স্থানৰ বেৰ, মজিয়া অকল কিশোৰ, যুৱক সকলেই নষ্ট কৰা নাই, বৰঞ্চ আপোনাৰ মোৰ দৰে গৰিষ্ঠ সংখ্যক বয়স্ক লোকেই কৰিছে। ৰাস্তাৰ কাষ, বজাৰৰ চক বোৰৰ কথা নক'লোৱেইবা। থিয়েটাৰ হল, ৰাজহুৱা সভাগৃহ আদিৰ কাৰ্যসূচী হৈ যোৱাৰ পিছৰ পৰিবেশ নিশ্চয় আপোনাৰ সুপৰিচিত।
দ্বিতীয়তে, আমাৰ চাৰিওফালৰ সমাজ খনত লগ পাই থকা আন এখিনি লোক। পোচাকে পাতিয়ে পূৰামাত্ৰাই ভদ্ৰলোক। কিন্তু, সেই সকলৰ চিন্তা চৰ্চা একদম ক'লা। চিন্তাৰ দৈন্যতা দেখিলে পুতৌ লাগে। অধ্যয়নৰ নামত এটা ডাঙৰ শূণ্য। অথচ, চবজান্তা গজপুৰীয়া ভেমত ওফন্দি থাকে। আপুনি হয়তো আচৰিত নহ'ব মোটা উপাৰ্জন কৰে, সামাজিক প্ৰস্থিতি বিচাৰি হাবাথুৰি খায়, অথচ আনৰ হৈ, সমাজৰ হৈ একোলৈকে আগ নাবাঢ়ে। কিন্তু, আপুনি কৰা সকলো কাম তেৰাসৱৰ অপচন্দ। আনৰ কেৱল দোষহে দেখে। তথাকথিত শিক্ষিত, নামৰ পাছত লিখিবলৈ ডিগ্ৰীও আছে, পিছে ঘৰত দৰবত দিবলৈও কিতাপ এখন নাপাব। কাকতখনো আপোনাৰ পৰা লৈহে চকু ফুৰাব। এই সৱৰ পেট কেটোৰ ক'লা। আপোনাক লেং মাৰিবলৈ এওঁলোকে একেই পৰিয়ালগত সংস্কাৰ নোপোৱা এচাম তথাকথিত শিক্ষিত যুৱকক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰে। আৰু তথাকথিত শিক্ষিত (নিজকে high qualified বুলি দাবী কৰে) ক'লা মনৰ যুৱকেও প্ৰকৃত সত্যৰ ওচৰ নচপাকৈয়ে, কেতিয়াবা আপুনি অপ্ৰিয় সত্য কোৱাৰ বাবে, আপোনাক বাৰুকৈয়ে নগুৰ নাগতি কৰিব। Back ত মুখাধাৰী সেই সকল বৰমানুহ আছেই নহয়। গতিকে, আপুনি আপোনাৰ মনটোযে বগা, তাকে প্ৰমাণ কৰিবলৈ বহুত কষ্ট খাব লাগে।
দেখি, শুনি এনে লাগে যেন চিঞৰি ক'ম-মোক এজন বগা মানুহ লাগে, যাৰ মনটোও বগা।
পৃষ্ঠা ১০
সাহিত্য-সংস্কৃতিৰ সাধনাৰ মূর্তিমান প্রকাশ
ড০ ভবেন্দ্র নাথ শইকীয়া
অজয় বৰুৱা,দৰং
9707730427
"মই সাহিত্য, নাট্যাভিনয়, চলচ্চিত্র, এই আটাইবোৰকে একোটা পৰিয়ালৰ সদস্য বুলি ভাবোঁ আৰু এই গোটেই পৰিয়ালটোকে ভাল পাওঁ।পৰিয়ালটোৰ ভিতৰত সাহিত্যৰ প্রতি মোৰ অনুৰাগ বেছি আৰু সেই কাৰণে মোৰ নাট্যাভিনয়, চলচ্চিত্র আদিটো সাহিত্যৰ ৰংটো চকুত পৰা ধৰণৰ। আন ধৰণে ক'বলৈ গ'লে গল্প, উপন্যাস, নাটক, চিত্রনাট্য, প্রবন্ধ এই সকলোৰে তেজত থকা গুৰুত্বপূর্ণ বস্তুটো মোৰ কাৰণে সাহিত্য।" (শেষপৃষ্ঠা)
বিৰল সৃজনশীল ব্যক্তিত্ব, বহুমুখী প্রতিভাধাৰী, কর্মযোগী আছিল ড০ ভবেন্দ্র নাথ শইকীয়াদেৱ। গল্প, উপন্যাস, নাটক, চলচ্চিত্র, শিশু সাহিত্য, আলোচনী আৰু গ্রন্থ সম্পাদনা আদি অসমীয়া সাহিত্য-সংস্কৃতিৰ সৃজনশীল বিশাল অনুষ্ঠান আছিল তেওঁ।তেওঁৰ সাধনা, সিদ্ধি, জীৱনৰ বাণীয়ে সমৃদ্ধ কৰিছে অসমীয়া সমাজ সাহিত্য।কেৱল সৃষ্টিৰে কামৰ পৰিচয় দিব বিচৰা, কম কথাৰ মাজত সংগতি থকা জনপ্রিয়তাৰ পৰিৱর্তে সাধনাত মন-প্রাণ সঁপি দি শইকীয়াদেৱে সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গ'ল।
সাহিত্যৰ সাধকজনঃ সৰুৰ পৰাই সাহিত্যৰ পথাৰখনত নানা সাহিত্য সৃষ্টি কৰি জাতিটোৰ বাবে ভাষা-সাহিত্যত যি অৱদান দি গৈছে সেয়া অপৰিসীম। ক্লাছ ফাইভৰ পৰা দূৰন্ত গতিৰে লিখা শইকীয়াদেৱে ১৯৪৮ চনতে (মেট্রিক পৰীক্ষা দিবৰ সময়ত) লিখি উলিয়াইছিল এখন ডিটেক্টিভ উপন্যাস " আতংকৰ শেষত। ইয়াৰ পিছত সার্থক সামাজিক উপন্যাস অন্তৰীপ,(১৯৮৬), ৰম্যভূমি(১৯৯১) একে বছৰতে প্রথম শিশু উপন্যাস " মৰমৰ দেউতা'। গল্প, চুটিগল্পৰো নিটোল ৰূপদিয়াত সিদ্ধহস্ত শইকীয়াদেৱ। তেওঁৰ প্রতিটো গল্পৰ চৰিত্রত আছিল জীৱনবোধ। তেওঁৰ গল্প সংকলন কেইখন হ'ল, প্রহৰী (১৯৬৩), বৃন্দাবন( ১৯৬৫), গহ্বৰ(১৯৬৯), সেন্দূৰ (১৯৭১), শৃংখল(১৯৭৫), তৰংগ(১৯৭৯), এই বন্দৰৰ আবেলি (১৯৮৮), আকাশ (১৯৮৮), উপকণ্ঠ (১৯৯২) সান্ধ্য ভ্রমণ (১৯৯৮), গল্প আৰু শিল্প(১৯৯৮), ইত্যাদি।প্রবন্ধ সংকলন শেষ পৃষ্ঠা, তৃতীয় খণ্ড,(১৯৯৭-৯৮) প্রথম খণ্ড, দ্বিতীয় খণ্ড। ছয় দশকৰ গদ্য (২০০৩), সম্পাদকৰ কোঠালি(২০০৩, শিশু সাহিত্য মৰমৰ দেউতা, শান্ত- শিষ-হৃষ্ট -মহাদুষ্ট, তোমালোকৰ ভাল হওক, কবিতাপুথি পদ্যৰ ধেমালি, আত্মজীৱনী জীৱন বৃত্ত(১৯৯৯), জীৱন ৰেখা (২০০২), ইত্যাদি। বহুকেইখন গ্রন্থ তেওঁৰ বাংলা, হিন্দী, ইংৰাজী ভাষালৈও অনূদিত হৈছে। ইয়াৰ উপৰি সঁফুৰা, প্রান্তিক আদি জনপ্রিয় আলোচনী সম্পাদনাও কৰিছিল।
মঞ্চৰ আঁৰৰ ব্যক্তিজনঃ
অসমৰ সাংস্কৃতিক জগতত ভ্রাম্যমান থিয়েটাৰ হ'ল এক গুৰুত্বপূর্ণ মাধ্যম আৰু এই ভ্রাম্যমান থিয়েটাৰৰ লগত ড০ ভবেন্দ্র নাথ শইকীয়াদেৱ বিশেষ ভাৱে জৰিত আছিল।বিশেষকৈ আৱাহন থিয়েটাৰ লগত । আৱাহন থিয়েটাৰৰ মঞ্চত পোন প্রথমে তেওঁ 'ৰামধেনু' নামৰ নাটকখন মঞ্চস্থ হৈছিল। ইয়াৰ পিছত তেওঁৰ বন্দীশাল, অন্ধকূপ, মণিকূট, প্রতিবিম্ব, অমৃত, আম্রপালী, নীলকণ্ঠ, দিগম্বৰ, দীনবন্ধু গধূলি বৃন্দাবন, স্বর্গৰ দুৱাৰ, পৰমানন্দ, সমুদ্র মন্থন, পাণ্ডুলিপি, স্বর্ণজয়ন্তী, ৰম্যভূমি, শতাব্দি ,অৰণ্যত গধুলি ইত্যাদি নাটক মঞ্চস্থ ।ইয়াৰ উপৰিও কহিনুৰ থিয়েটাইক উপহাৰ দিয়া অন্যতম নাট গহ্বৰ, মহাৰণ্য।সুস্থ চিন্তা-চর্চাৰ মৌলিক এই নাটকবোৰে দর্শকৰ হৃদয় চুই গৈছিল।
১৯৭৭ চনত নির্মিত ক'লা বগা ছবি 'সন্ধ্যাৰাগ" পৰিচালনাৰে চেলুলয়ডৰ পৃথিৱীত আত্মপ্রকাশ কৰিছিল, যিখন এক উচাচ সাহিত্য গুণসম্পন্ন চলচ্চিত্র।ইয়াৰ পিছত অনির্বাণ (১৯৮১), অগ্নিস্নান(১৯৮৫), কোলাহল(১৯৮৮), সাৰথি(১৯৯১), আর্বতন(১৯৯৩), ইতিহাস(১৯৯৬), আৰু হিন্দীভাষাত নির্মিত একমাত্র ছবি 'কালসন্ধ্যা'। অসমীয়া আটাইকেইখন আঞ্চলিক ভাষাৰ শ্রেষ্ঠ ছবি 'ৰজত কমল' বঁটাৰে সন্মানিত হৈছে। ৰাষ্ট্রীয় পর্য্যায়ত তেওঁৰ অন্যতম কৃতিত্ব ১৯৮৫ চনত 'অগ্নিস্নান' ছবিৰ বাবে লাভ কৰা শ্রেষ্ঠ চিত্রনাট্য সন্মান। নাৰী জীৱনৰ গভীৰতম আৰু কঠিনতম প্রশ্ন উথ্থাপন কৰা 'অগ্নিস্নান' ৰ মেনকা চৰিত্র আৰু সংলাপ সঁচাই অনন্য।
কর্মযোগী শইকীয়াদেৱে নিৰলস অধ্যৱসায়, সংগ্রামী জীৱনৰ ফলশ্রুতিত সাহিত্য-সংস্কৃতিৰ পাহাৰ গঢ়িলে। সাহিত্য-সংস্কৃতিৰ , সমখজ-সভ্যতাৰ প্রতিটো নান্দনিক কমতে শইকীয়াদেৱৰ আছিল শৈল্পিক হাতৰ পৰশ। আমাৰ সমাজ জীৱনত এটা সৃজন আন্দোলনৰ নেতৃত্ব দিয়া ,সাধন-প্রাণ জীৱনৰ পঠিক জন প্রতিজন অসমীয়াৰ প্রাণ স্বৰূপ।
পৃষ্ঠা ১১
ধাৰাবাহিকঃ
সমাধিস্থ সপোনত
অংকুৰিত পোহৰ
মিনাৰা হুছেইন, নগাঁও
যোৱা সংখ্যাৰ পিছৰ পৰা
( দ্বিতীয়)
আমি আহি ঘৰ পালোহি। গাড়ীৰ শব্দ শুনি অনুৰাগ আৰু মা দেউতা বাহিৰলৈ ওলাই আহিল।
অনুৰাধাই মাকক সাৱটি ধৰিলে।
"নিমিশা...তুমি যে মোক নোকোৱাকৈ ৰুবুলহতঁৰ ঘৰলৈ গ'লা ?"
একো উত্তৰ নিদিয়াকৈ অনুৰাধাক লৈ ভিতৰলৈ গ'লোঁ।
পিছে পিছে শাহু আহি মোৰফালে স্থিৰ দৃষ্টিৰে চাই ৰ'ল। মোৰ ভয় লাগি গ'ল। এই দৃষ্টি মোৰ বাবে একেবাৰে অপৰিচিত।
"নিমিশা... তুমি অনুক কিয় লৈ আহিছা ? ৰুবুল আৰু মাকে বেয়া পাইছে। আমি সকলো গৈ মিলাই দি আহিলোঁ হয়। অনুক এইদৰে আনিব নালাগিছিল"
শাহুমায়ে খঙেৰে কথাখিনি ক'লে।
অনুৰাধাক চোফাখনত বহুৱাই দিলোঁ ।
"মা...আৰু কিমান দিন ? কিমান দিন মিলাব ? কিমান অত্যাচাৰ, শাৰীৰিক মানসিক ? মা...ৰাধা আপোনাৰ ছোৱালী। তাইলৈ এবাৰ চাওঁক। কিমান বেয়াকৈ মাৰিছে । এগৰাকী অন্তঃসত্তা নাৰীয়ে পাব লগা একো যত্ন, একো মৰম, একোকে পোৱা নাই।"
মোৰ কথাত শাহু ৰাধাৰ ওচৰলৈ গ'ল। হাজাৰ হ'লেও মাকৰ মন।
"মাজনী...তোক এনেদৰে"
"মা..."
অনুৰাধাই মাকক ধৰি উচুপি উঠিল।
"দেউতা...মোক ক্ষমা কৰিব। আপোনালোকৰ পৰামৰ্শ নোলোৱাকৈ তাইক লৈ আহিলোঁ। তাই খুব দুৰ্বল। দুদিনমান ৰেষ্ট ল'লে ভাল হ'ব।বাকী আলোচনা পিছতো কৰিব পাৰিম"
অনুৰাধাক তাইৰ ৰুমলৈ লৈ গ'লোঁ। তাই গাটো ধুই আহি বিছনাখনতে বহিল।
অচিন চিনাকী এই কোঠালিটো। ইয়াতেই পাৰ কৰিছে অনুৰাধাই তাইৰ কৈশোৰ, তাইৰ শৈশৱ। তাই বিছনাৰ কাষত থকা খিৰিকীখন খুলি দিলে। এজাক ধুনীয়া বতাহে তাইক চুই গ'ল।
"আহ! কি ধুনীয়া আছিল।ইয়াতে বহি বহি মই যে সদায় দূৰণিত থকা পাহাৰলৈ চাইছিলোঁ। খুব আপোন আছিল এই পাহাৰ, এই খিৰিকী আৰু এই ৰুমটো। বৌ জানানে কেতিয়াবা নিজৰ তেজৰ সম্পৰ্ক অস্তিত্বহীন হৈ পৰে। কেতিয়াবা আকৌ জীৱনটোৱে গঢ়ি দিয়া কিছুমান সম্পৰ্ক সকলোতকৈ উৰ্ধত হৈ পৰে। "
ৰাধাৰ মনৰ মাজৰ ধুমুহাজাকৰ উমান মই পাইছোঁ। তাইৰ ওচৰতে বিছনাখনতে বহিলোঁ। দুৰ্বিবহ এবুকু বেদনাই মোৰ বুকুখন দখল কৰিলে। কিন্তু শব্দৰ অভাৱ হৈছিল। একো ক'ব পৰা নাই মই।
ৰাধাই আকৌ আৰম্ভ কৰিলে।
"বৌ তুমি নিমিশা, ডঃ নিমিশা বৰকটকী । মোৰ বৌ। দেখাৰ ভিতৰত দেখোন মাথোঁ তুমিয়েই মোক বুজি পোৱা, বহুত মৰম কৰা, কেয়াৰ কৰা। এনেকৈয়ে এবাৰ যদি ...মা, দেউতা ,দাদায়েও .."
ৰাধা উচুপি উঠিল। মোৰ বাবে এইসকলোবোৰ যেন এক সাঁথৰ। কিয় মাত্ৰ ছোৱালী হৈ জন্ম লোৱা বাবেই নে ? ৰাধাৰ চকুলো মচি দি অলপ ৰেষ্ট ল'বলৈ দি মই মোৰ কোঠালৈ আহিলোঁ।
গা ধুই কটন চুৰিদাৰ এযোৰ পিন্ধি অনুৰাধাৰ ওচৰলৈ আহিলোঁ।
"য়ে লাল ৰঙ কব মুঝে...."
অনুৰাধাৰ ম'বাইলটো বাজি উঠিল।
ৰুবুলৰ নামটো দেখি অনুৰাধাই ফোনটো আকৌ বেগত ভৰাই থ'লে।
"ব'লা ৰাধা...কিবা এটা খাই ল'বা"
তাইৰ খাবলৈ মন নাই। কিন্তু খাবই লাগিব। পৃথিৱীলৈ আহিবলৈ ওলোৱা দুটি দেৱশিশুৰ বাবেই। আলট্ৰাচাউন্ড ৰিপৰ্টমতে অনুৰাধাৰ গৰ্ভত দুটি শিশুৱে স্থিতি লৈছে।
অনুৰাধাক লৈ ডাইনিঙ ৰুমলৈ গ'লোঁ। মালতী বাবে লুচি ভাজি বনাইছে। মই লগতে বইল কনী, গাখীৰ, ড্ৰাই ফ্ৰুটছ, কল সকলো দিছোঁ।
"অনু...তোক বোলে ৰুবুলে ফোন কৰিছিল। কিয় ৰিচিভ নকৰিলি। সি পৰহি তোক লৈ যাবহি"
দেউতাকৰ কথাত অনুৱে খাবলৈ লোৱা গাখীৰ কাপ থৈ দিলে।
"দেউতা...তাই দুদিন মান থাকক। তাত তাই যত্ন পোৱা নাই। দৰবোৰো নিয়মিতভাৱে লোৱা নাই"
কন্ঠত মিনতিৰ সুৰ লৈ তলমূৰ কৰি কথাখিনি ক'লোঁ।
"নিমিশা... তুমি দেউতাতকৈ বেছি বুজি পোৱা হ'লা নেকি ? ৰুবুলৰ লগত তাইক নপঠালে, সি আৰু তাইক নিনিয়ে। ডিভোৰ্ছ কৰিব"
একমাত্ৰ ককায়েক অনুৰাগৰ প্ৰতিক্ৰিয়া দেখি মই ভিতৰি ভিতৰি খঙত জ্বলি উঠিলোঁ।
"তোমালোকে ৰুবুলক একো নোকোৱা যে সেইবাবেই অত্যাচাৰৰ মাত্ৰা বাঢ়ি গৈছে।ভালেই হ'ব। সি কৈছে যেতিয়া অনুৰাধাক নপঠিয়াওঁ। তাই ইয়াতে থাকিব আমাৰ লগত, আমাৰ মৰমৰ মাজত।"
মোৰ কথাত শাহু জাঙুৰ খাই উঠিল। খাবলৈ লোৱা চাহকাপ টেবুলত থেকেচ মাৰি থৈ চিঞৰি উঠিল।
"নিমিশা.... কি কৈছা ভাৱি চাইছানে ? ৰুবুল আমাৰ জোৱাই । আৰু অনুৰ ঘৰ এইখন নহয়। সেইখন তাইৰ ঘৰ। তাই যাবই লাগিব।"
দুখ আৰু অভিমানত অনুৰাধা উঠি গুচি গ'ল।
"অনুৰাগ...ৰাধা তোমাৰ একমাত্ৰ ভনীয়েক। তাইৰ লগত এনেকুৱা নকৰিবা"
"শুনা নিমিশা... তাই মোৰ ভনী। জানোঁ ,বুজি পাওঁ তাইৰ ভাল বেয়া। তুমি তাইৰ বৌৱেক। ককায়েক নহয়, একো নহয়"
মই যেন এক নতুন অনুৰাগক দেখিছোঁ। যিজনী অনুৰাধাক ইমান মৰম কৰোঁ, সেই ৰাধাৰ আজি মই একো নহয়। মোৰ বিয়া হৈ অহা সময়ত অনুৰাধা হায়াৰ চেকেণ্ডৰীত পঢ়ি আছিল।তাইক প্ৰথম দেখাতে বৰ মৰম লাগিছিল। অনুৰাধাৰ সলনি ৰাধা মাতিছিলোঁ। আমাৰ বিয়াৰ দুবছৰ পিছত ৰাধাৰ বিয়া হৈছিল। বয়সনো কিমান হৈছিল ! একৈশ বছৰ। মই বিচাৰিছিলোঁ ৰাধাই এম. এ কৰক। তাৰ পিছত বিয়া। ইমান শিক্ষিত পৰিয়াল এটাৰ একমাত্ৰ কন্যা গৰাকীক ইমান কম বয়সত বিয়া দিয়াত মই আচৰিত হৈছিলোঁ। কিন্তু একো কৰিব পৰা নাছিলোঁ।বিয়াৰ দিনা দুয়োজনীয়ে খুব কান্দিছিলোঁ। ওচৰ চুবুৰীয়া আচৰিত হৈছিল বৌৱেক ননদৰ মৰম দেখি। আৰু সেইজনী ৰাধাৰ আজি মোৰ একো নহয় ! একো নহয় !
আগলৈ...
পৃষ্ঠা ১২
পোছাকৰ আঁৰৰ মানুহজন
শিখামণি গগৈ, দুলীয়াজান
(যোৱা সংখ্যাৰ পিছৰ পৰা)
খণ্ড=৫
কটকী ,বড়া ,দাসহঁতৰ আগত স্বপ্নাৰ মৃত্যুৰ বৃত্তান্ত কোৱালৈকে ল'ৰাজনে এবাৰো অসীম চলিহাৰ নাম উল্লেখ কৰা শুনা নাছিল চলিহাই। মাথোঁ এটা লম্পট, পাষণ্ড, বিশ্বাসঘাতক, নৰপিশাচ , ধৰ্ষণকাৰীয়ে বুলি উল্লেখ কৰি সমস্ত ঘটনাবোৰৰ বিৱৰণ দিছিল। কটকী ,বড়া ,আৰু দাসেও টু শব্দ এটা নকৰাকৈ কথাবোৰ শুনি গৈছিল মাথোঁ।
উশাহ-নিশাহ লোৱা নামত নাসিকানলীৰে সোমোৱা-ওলোৱা বতাহ কণৰ হো-হা কৰা সামান্য শব্দ কণো ৰূদ্ধ কৰিবলৈ চেষ্টা কৰি কাণ উণাই আছিল অসীম চলিহাই, লকআপৰ ভিতৰৰ কথাবোৰৰ মাজত কোন সময়ত তেওঁৰ নামটো ওলাব,আৰু শুনা মাত্ৰকে কটকী, বড়া আৰু দাসৰ মুখত কি প্ৰতিক্ৰিয়া সৃষ্টি হ'ব সেইয়াই ভাবি আছিল আৰু তেতিয়াই তেওঁ এটা সুযোগ ল'ম বুলিও, ইটোৰ পিছত সিটো বুদ্ধি মনতে সাজি এই বিপদৰ পৰা নিজক ৰক্ষা কৰিম বুলি অপেক্ষাত আছিল। কিন্তু কিছুমান দুচিন্তাই মূৰত আকৌ কুণ্ডলি পকাইছিলহি। মাজে মাজে মূৰটো হেঁচা মাৰি ধৰি টেবুলখনতে নিজৰ মূৰটো পেলাই দি পুনৰ কাণ উণাইছিল।
::বাৰ মৃত্যুৰ পিছতে তাইৰ গাৰুৰ তলত পোৱা ডায়েৰীখনৰ পাতবোৰ লুটিয়াই মই হতবাক হৈ পৰিছিলোঁ। কাৰণ, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক পাই গুৱাহাটীৰ কলেজত স্নাতক পঢ়িবলৈ অহা, পিছলৈ এম এ গুৱাহাটী ইউনিভাৰচিটিতে পঢ়াৰ আশা বুকুত লৈ ,আনকি পি এইচ ডি কিহত কৰিব সেই কথাও খুব কম বয়সতে লক্ষ্য হিচাপে লোৱা, আমাৰ নিচিনা ঘৰখনৰ পৰা এটা দুঃসাহসিক অভিযানৰ সপোন দেখা ছোৱালীজনীৰ ডায়েৰীৰ পৃষ্ঠাৰ কথাবোৰ পঢ়ি।
আউলী-বাউলী হৈ তাইৰ গাৰ ওপৰত পৰি পৰি কন্দা মা জনীয়ে তাইৰ মৃত্যুৰ কাৰণ ডায়েৰীখনৰ পৰা জানিব পাৰি তাইৰ নিঠৰ গাল দুখনতে তীব্ৰ জোৰেৰে দুটা চৰ সোধাইছিল।"পঢ়িবলৈ যাওঁ বুলি কৈ ক'ৰ বিজতৰীয়া এটাক ককাই পাতি নিজৰ জীৱনটো ধ্বংস কৰিলিগৈ তই। নাজানিলি নে এই পৃথিৱীত পৰ কি, আপোন হ'লেও পুৰুষ নামৰ জাতিটোক যে সততে বিশ্বাসত ল'ব নালাগে! ইমান দুৰ্বল কিয় হ'লি মাজনী তই।তোৰ বিপদৰ সময়ত অস্ত্ৰ হিচাপে ভগৱানে দিয়া তই তোৰ গাৰ অংগ চোকা দাঁত দুপাৰিয়ে তাক ক্ষত-বিক্ষত কৰি দিব নোৱাৰিলি নে ?নিজক শেষ কৰাতকৈ সেই পাষণ্ডটোক কামুৰি বখলা-বখল কৰি শেষ কৰি দিব লাগিছিল তই।"
এইদৰে বিনাই বিনাই বুকু ভুকুৱাই ভুকুৱাই বলিয়াৰ দৰে কান্দিছিল ।
দেউতাই উপৰ্য্যুপৰি গালি পাৰিছিল মাক। বাৰ মৃত্যুৰ বাবে মাকে জগৰীয়া কৰিছিল দেউতাই। ছোৱালী জনীক কেৱল স্কুলীয়া শিক্ষা দিয়াতে ব্যস্ত থাকি জীৱনৰ শিক্ষা দিয়াত যে মা ব্যৰ্থ হ'ল সেই লৈ দেউতাই মাকে দোষাৰোপ কৰি কটাক্ষ কৰিছিল।
পুৱাতে আমাৰ ঘৰখনত এক হুলস্থুলৰ পৰিবেশ শুনি চুবুৰীৰ এজন এজনকৈ আহি আমাৰ পদূলিমুখত জুমাজুমি কৰিছিলহি।
বাৰ মৃত্যুৰ কাৰণ জানিলে ,মায়ে গাঁৱৰ মানুহৰ আগত আৰু লাজ-অপমানৰ সন্মুখীন হ'ম বুলিয়েই পুৱা চাহ খাবলৈ বুলি কেটলি পাতি থোৱা দগমগাই জ্বলি থকা জুইকুৰাত ডায়েৰীখন মোৰ হাতৰ পৰা নি পুৰি পেলাবলৈ উদ্যত হৈছিল। মাৰ হাতৰ পৰা কোনোমতে থাপ মাৰি ধৰি ৰক্ষা কৰিছিলোঁ, মই সেই ডায়েৰীখন ।
::উস্।
কথাখিনি শুনি থাকোঁতেই ক'বনোৱাৰাকৈ অসীম চলিহাৰ দুই ওঁঠৰ ফাকেৰে অজানিতেই সৰকি আহিল এই শব্দটি।
কিয় পুৰি নেপেলালে লগে লগেই মাকজনীয়ে সেই দগ্মগাই জুইকুৰাত ডায়েৰীখন! কিয় ৰাখি থৈ দিলে এই ল'ৰাটোৱে সেই ডায়েৰীখন ? জ্বলাই দিব লাগিছিল। জ্বলাই দিয়া হ'লেই... মুখৰ ভিতৰতে বিৰবিৰাই উঠিল চলিহাই।
::তাৰপিছত ?
অনবৰতে যিকোনো কথাতে চেলবেলাই থকা দাসৰ মুখৰ পৰা বহু সময়ৰ বিৰতিৰ পিছত গহীন সুৰত ভাঁহি আহিছে এই এটা মাথোঁ শব্দ।
মাৰ খাই বিষত জৰ্জৰিত শৰীৰটো লৈ কথাবোৰ কৈ যোৱা ল'ৰাটোৰ মুখখন দুখ ক্ষোভত যেন ফাটি পৰিছে।আৰু তাৰ অণ্ঠ-কণ্ঠও যে শুকাই গৈছে ,সেই কথা কটকীয়ে উপলব্ধি কৰিলে বাৰুকৈয়ে। সেয়েহে বড়াক পানী এগিলাছ আনিবলৈ কৈ ল'ৰাটোৰ হাতত পানী গিলাছ তুলি দিলে।
কোটকোটকৈ পানী গিলাছ খাই কৈ উঠিল সি আকৌ
তাৰপিছত! তাৰপিছত আমাৰ ঘৰখনৰ পৰিবেশটো দিনক দিনে বৰ বেয়া লগা হৈ আহিছিল। মাৰ দুগালত অনবৰতে চকু পানীৰ বন্যা বৈছিল। গাঁৱৰ কোনোবা এযোৰা খবৰ ল'বলৈ আহিলেও বাৰ কথা কৈ কৈ মাৰ ৰাওচি জোৰা কান্দোন শুনি মাক বুজোৱাৰ সলনি নিজেই কান্দি-কাটি ঘৰমূৱা হৈছিল সেইসকল।
হাঁহি-স্ফুৰ্তি কৰি ধেমেলীয়া কথাৰে গাঁৱৰ এল পি স্কুল খনত কণ কণ শিশু হঁতক পঢ়ুৱা দেউতাও সলনি হৈ গৈছিল বহুত।
ঘৰখনত আমি মানে মা-দেউতা আৰু মই তিনিওটা মানুহ পৃথকে পৃথকে থকা হ'লো। ইটোৱে সিটোৰ চকুত চকু পৰিলেই চকু পানীবোৰে ৰ'ব নজনা হৈ বৈ আহে পাৰ ভাঙি। ভাত খাবলৈ বহিলে ঘৰখনৰ তিনিওটা প্ৰাণীয়েই তিনিঠাইত নিমাত হৈ বহোঁ , বাৰ মুখখনে বৰকৈ আমনি কৰে আমাক আজিও।জীৱনৰ অজস্ৰ সময় সেইখন ঘৰতে নিৰপত্তাৰ আৱেষ্টনীত থাকি, হাঁহি-ধেমালি কৰি, সেইখন ডাইনিঙতে বহি ভাত খাই থকা বাজনী যে এনেকৈ হেৰাই গ'ল আমাৰ পৰা !কেনেকৈ সহিব মা-দেউতাই।খুব বেছি দুটা বছৰহে । ঘৰৰ পৰা পঢ়িবলৈ ওলাই আহি নিজৰ জীৱনটোকে শেষ কৰি দিবলৈ বাধ্য হ'ল এটা চৰিত্ৰহীনৰ বাবে।
ভাতৰ পাতত বহি সৰসৰাই বৈ অহা মাৰ চকুৰপানীবোৰ বসুন্ধৰাত নপৰোঁতেই দেউতা আৰু মই ভাতবোৰ সানো-নাসানোকৈ সানি-পিটিকি উজাই অহা দুখবোৰক ৰুধিবলৈ চেষ্টা কৰি হিকটিয়াই হিকটিয়াই এটা সময়ত ভাতৰ কাঁহীত পানী ঢালি উঠি আহোঁ প্ৰায়ে।
দিনবোৰ গৈ থাকিল নিজৰ গতিত বিলীন হৈ। বাৰ শৰীৰটোও হয়তো মিলি গৈছিল মাটিৰ লগত ধূলি হৈ ।কান্দি কান্দি ক্ৰমে চকুত চকুপানীবোৰ শেষ হৈ আহিছিল যদিও বাৰ মুখখন মনত পৰি মা-দেউতাৰ অন্তৰত দপ্দপ্ কৈ জ্বলি থকা চিতাৰ জুই কুৰা কোনো শক্তিৰে নুমুৱাব পৰা নাছিল।অনবৰতে মা-দেউতাৰ অশান্ত-কৰুণ মুখ দুখনে মোৰ মনত সৃষ্টি হৈ থকা দুখবোৰ ক্ষোভলৈ পৰিৱৰ্তন কৰাইছিল । সংকল্প লৈছিলোঁ মই বাৰ মৃত্যুৰ বাবে জগৰীয়া সেইজন কুলাঙ্গাৰক এদিন নহয় এদিন মই বিচাৰি উলিয়াম। মোৰ বয়স যিমানেই বাঢ়ি আহিছিল মনৰ মাজত পুঁহি ৰখা সেই বাসনাও সিমানেই বাঢ়ি আহিছিল। মোৰ বাসনাই আছিল জয়ী হোৱাৰ। পৰাস্ত হোৱা মোৰ লক্ষ্য নাছিল।
ৰাতিপুৱা-গধূলি মায়ে গোঁসাইৰ ঘৰত সোমাই প্ৰাৰ্থনা কৰে এপৰমান। পিছফালে গৈ শুনি থাকোঁ মাৰ প্ৰাৰ্থনাৰ কথাবোৰ মই প্ৰায় "হে প্ৰভূ তুমি সঁচাকৈ আছা নে এই পৃথিৱীত। যদি আছা কিয় ইমান শাস্তি দিলা আমাক।আমি কি দোষ কৰিছিলোঁ তোমাৰ ওচৰত ? কি অপৰাধত আমাক এই শাস্তি ?জীয়াই জীয়াই কিয় জ্বলাই মাৰিছা।তুমি তোমাৰ কামত ফাকি নামাৰিবা প্ৰভূ। আমাক জীয়াই থাকিবলৈ শক্তি দিয়া।তোমাৰ শক্তিৰে দুষ্টক দমন কৰি পৃথিৱীত শান্তি -শৃঙ্খলা বৰ্তাই ৰাখা। আমি বৰ কষ্ট পাইছোঁ আমাৰ ছোৱালী জনীক হেৰুৱাই প্ৰভূ। আৰু যাতে আন কাৰো লগত এনে অন্যায় নহয় প্ৰভূ। কোনো মাক-দেউতাকে যাতে এনেদৰে কান্দিব লগা নহয়।
প্ৰভূ, গোটেই পৃথিৱীখন অসুৰে ছাটি ধৰিছে।হত্যা-হিংসা-মাৰ-পিট-ধৰ্ষণ-লুণ্ঠনেৰে অপৰাধীয়ে যজ্ঞ পাতিছে। তুমি কিয় ৰং চাই বহি আছা ? কিবা এটা কৰা প্ৰভূ ।সোনকালে কৰা।"
সৰল মা জনীৰ ঈশ্বৰৰ নামত কাতৰে কৰা প্ৰাৰ্থনাবোৰ শুনি এক বিদ্ৰুপৰ হাঁহিহে ওঁঠত বিৰিঙি উঠিছিল মোৰ। সঁচাকৈ আছেনে এই ঈশ্বৰ নামৰ ঐশ্বৰিক শক্তিটো এই পৃথিৱীত আজিও। যদি আছে, যিখন ঘৰত এনেকুৱা এটা দিন নাই যিটো দিনত তেওঁক মনত ৰখা নাই, এনেকুৱা এটা মুহূৰ্ত নাই যিটো মুহূৰ্তত তেওঁক স্মৰণ কৰা নাই, যি মা-দেউতাই গোঁসাই-সেৱা নকৰাকৈ পুৱা-গধূলি এটুপি পানীও নাখায়। সেইখন ঘৰৰে এজনী সহজ-সৰল মৰম আকলুৱা নিমাখিত ছোৱালীক এটা নৰপিশাচে সেই অসহায় মুহূৰ্তটোত তাইৰ সতীত্ব তিল তিলকৈ হৰণ কৰি থাকোঁতে ঈশ্বৰ নামৰ এই পৃথিৱীৰ ত্ৰাণকৰ্তাজন কিয় নিৰৱ-নিৰাকাৰ-নিৰুদ্দেশ হৈ থাকিল
যিখন পৃথিৱীত ঈশ্বৰ থাকিও নথকা নিচিনা সেইখন পৃথিৱীত ঈশ্বৰৰ প্ৰয়োজনেই বা ক'ত ? উলিয়াই দিলোঁ ঈশ্বৰক মই মোৰ ভিতৰৰ পৰা।মা-দেউতাৰ চৰণ চুই ওলাই আহিলোঁ এই চহৰলৈ পঢ়িবলৈ আৰু লগতে মোৰ মনৰ গোপন বাসনাক জয়ী কৰিবলৈ !
আগলৈ----
পৃষ্ঠা ১৩
অণুগল্পঃ
ক/ চুবুৰীয়া
প্ৰণামী দেৱী
তেলীয়া সোণৰী গাঁও
৯৮৫৪১০০৪২২
চুবুৰীয়া মানুহ ঘৰৰ প্ৰতিটো কামতে ওজৰ-আপত্তি নুগুচা, কথাই প্ৰতি অসন্তোষ প্ৰকাশ কৰা মহন্ত ডাঙৰীয়া এদিন চোতালত বহি থাকোতেই উচ্চ ৰক্তচাপ জনিত কাৰণত চকীখনৰ পৰা হাউলি পৰিল।সেই সময়ত ঘৰত একমাত্ৰ নাতিনীজনী হে আছিল, পো-বোৱাৰী বিশেষ কামত অলপ ওলাই গৈছিল । ডাঙৰীয়াৰ অৱস্থা দেখি কাষৰ মানুহ ঘৰৰ ল'ৰা ৰাতুলে নিজৰ জীয়েককে নাতিনীয়েকৰ লগত ঘৰৰ ৰখীয়া থৈ লৰালৰিকৈ তেওঁক চিকিৎসালয়লৈ লৈ গ'ল, আৰু পুতেকহঁতক খবৰটো দিলে।
কিছু সময়ৰ পাছত ৰাতুলক চিকিৎসকে ক'লে- "ধন্যবাদ, আপোনাৰ বাবেই আজি এখেতৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'লো আৰু অলপ পলম হোৱা হ'লে তেওঁক হয়তো পোৱা নগ'ল হেঁতেন ।"
খ/ কইনা
মনস্বিনী শৰ্মা
স্নাতক চতুৰ্থ ষাণ্মাসিক। শিৱসাগৰ ছোৱালী কলেজ
উদুলি-মুদুলি ৰভাঘৰৰ পদুলি। নয়নাৰ আজি শুভ বিবাহ। সেওঁতাত ৰঙা বেলি আৰু পাট কাপোৰযোৰৰ সৈতে নয়না আজি কইনা।শৰীৰৰ পৰা ভাঁহি অহা মাহ-হালধীৰ গোন্ধটোৱে নয়নাৰ মনটোক শৈশৱৰ দিনবোৰলৈ ঘূৰাই লৈ গ'ল।মাকৰ মেখেলা-চাদৰযোৰ গাত মেৰিয়াই হাতত তামোল-পাণৰ বঁটাটো লৈ নয়নাই নিজকে কইনা সাজি খেলা-ধূলা কৰিছিল । আজিৰ পৰা পৰৰ ঘৰৰ হ'বলৈ যোৱা নয়নাই আজি শৈশৱৰ কইনাজনীৰ দৰে সম্পূৰ্ণ আনন্দখিনি অনুভৱ কৰিব পৰা নাই ।
পৃষ্ঠা ১৪
গ/ মহীষমৰ্দিনী
চয়নিকা চেতিয়া
শিৱসাগৰ
তেজে ধোৱা মাটিত চটফটাই থকা এটা শৰীৰ আৰু হাতত তেজ ধোৱা দা লৈ কঁপি থকা এগৰাকী নাৰী ।
কোনেও সাহস কৰা নাই আগবাঢ়ি যাবলৈ সেই নাৰীৰ কাষলৈ , কিম্বা চটফটাই থকা শৰীৰটোক সহায়ৰ হাত, আগবঢ়াবলৈ ।
: বিধৱা জোনাকী জনী ইমান খঙাল কেতিয়াও নাছিল ।
:মানুহটোৰ সতীয়া ভায়েকক কিয় বা ঘঁপিয়ালে তাই !!
পুলিছ অহাত মানুহবোৰৰ বু বু, বা বা তল পেলাই ভাঁহি আহিছিল জোনাকীৰ চিঞৰ ..
: মানুহটো মৰাৰ পাছৰে পৰা আজি এবছৰে তোৰ অত্যাচাৰ সহি আহিলোঁ , কুকুৰ ।
কিন্তু তই মোৰ ছবছৰীয়া ছোৱালী কণকো হাত দিলি । তোৰ পাপী হাতদুখন ঘঁপিয়াই এৰুৱালোঁ যেতিয়া মই জে'লতো শান্তিৰে শুব পাৰিম।
ঘ/ ভ্ৰাতৃঘাতী
অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০
"অসম-মিজোৰাম সীমান্তত দুয়ো ৰাজ্যৰ আৰক্ষীৰ মাজত সংঘৰ্ষ। সীমা বিবাদে লৈছে গুৰুতৰ ৰূপ।" ৰাতিপুৱা বাতৰি কাকতখন হাতত লৈয়ে শিৰোনামটো দেখি শতবৰ্ষ গৰকা স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী দুলন বৰুৱাৰ বুকুখন ক'ৰবাত মোচৰ খাই উঠিল। ইংৰাজ খেদা দিনবোৰে আহি দুচকুত চকা-মকাকৈ ধৰা দিলে। নিজৰ মাজতে খোৱা-কামোৰা কৰি মৰিবলৈকে গান্ধী বাপুৱে অত কষ্ট কৰি ইংৰাজক খেদিছিলনে ?
গধূৰ হৈ পৰা মনটোৰে বৰুৱাই এটা হুমুনিয়াহ কাঢ়ি বহুপৰলৈ বহি থাকিল। তেনেতে হাতত ত্ৰিৰংগ পতাকা লৈ কণ কণ ল'ৰা-ছোৱালীৰ জাক এটাই উলাহতে নাচি-বাগি, গান গাই বিদ্যালয়ৰ পতাকা উত্তোলনলৈ যোৱা দেখি মনটো কিছু পাতল লাগিল।এটা তৃপ্তিৰ হাঁহি বাগৰি আহিল।
পৃষ্ঠা ১৫
এক মিনিটৰ গল্পঃ
এটা ক্ল'ন
বৰষা বৰ্মন
আমনি, নলবাৰী
ফোন নং: 9957647100
বিচিত্ৰ যন্ত্ৰ-পাতি, ইলেকট্ৰনিক ছাৰ্কিটেৰে ভৰপূৰ কোঠাটোত অনুজে মাজে মাজে বৰ অসহায় অনুভৱ কৰে। সি এসময়ৰ দুৰ্দান্ত অথচ এতিয়াৰ অবুজ অলকাৰ ওচৰত এমুঠিমান মানৱীয় স্পন্দন বিচাৰি বিচাৰি যেন কোনোবাখিনিত হৈ পৰিছে নিস্তেজ। হঠাৎ সি সুকন্যা নামৰ শহাটোৰ ক্ল'নিঙৰ ৰিপৰ্টটো মেজখনত একপ্ৰকাৰ থেকেচি থিয় হৈ এক গভীৰ উত্তেজনাত দৌৰি গৈ তাইৰ হাতত খামুচি ধৰি ক'লে-" তোমাৰ এটা টিছু দিবা ?" এডাল চুলিৰ চেম্পল খুব মনোযোগেৰে চাই থকা অলকাই উচপ খাই ক'লে-"মোৰ টিছু ? কিন্তু কিয়…?" খুব আন্তৰিকতাৰে সি ক'লে-
"তোমাৰ ক্ল'ন এজনী লাগে"। অনুজৰ কথা শুনি হাঁহি মাৰি ওচৰত থকা ফাইলটো তাৰ হাতত গুঁজি তাই পুনৰ কামত ব্যস্ত হৈ পৰাত অনুজ উদাসীন হৈ উভতি আহিল। এটা শূণ্যতাবোধে তাক অবশ কৰি আনিলে। তাৰ চকীখনত বহি চকুহাল মুদি দি বিব্ৰত হৈ পৰিল। সি কেনেকৈ বুজাব পত্নী অলকাক যে সকলো সময়তে সি নিজৰ পত্নীক বৈজ্ঞানিক হিচাপে নহয়, তাৰ জীৱন সংগিনী হিচাপেও ওচৰত বিচাৰে।
পৃষ্ঠা ১৬
অৰ্থহীন অপেক্ষা
নিহাল গগৈ
ফোনটি বাজিব। কি কৰিছ ফোনটো নধৰ কিয় বুলি তাই দিয়া গালিটো খাই অলপ মৰমেৰে বুজাম যে তাই ফোনৰ অপেক্ষাত মই সপোন দেখি আছোঁ । তাই দিনটোৰ কথা পাতনি মেলি ক'ব "কি কৰিলে, কি খালে, কি ফুল ৰুলে, কোন পাহ ফুলিলে মোৰলৈ মনত পৰে ইত্যাদি !! ম'বাইলৰ ভিডিঅ' চাই প্ৰায়ে তাই মোক কয়, এইটো লিংক দিছো চাবা হাঁ ...মোক এনেকৈয়ে মৰম কৰিব লাগিব! মই ভুল কৰিলেই ...এইটো নকৰিবা, সেইটো নকৰিবা বুলি মহাভাৰত মেলে । তাৰ পিছত ঘৰত মাকে কিয় গালি দিলে ? তাই বেয়া পোৱা সকলো বস্তু হে ঘৰত আজিকালি বনাই ইত্যাদি কথাবোৰ অনৰ্গল ভাৱে কৈ যাব। মই জোকাম ... তোমাক ঘৰত বেয়া পাই কাৰণে। তাই মুখ ওন্দোলাই কথা পতা বন্ধ কৰিব। মই আকৌ ফুচুলাবলৈ তাই ভাল পোৱা কাৰ্টুন খনৰ ফুচুৰি চৰিত্ৰৰ ডাইলগ মাৰিম। তাই হাঁহি হাঁহি মোক পাগল বুলিব।
আজিকালি অনুভৱে এইবোৰ কথাকে ভাৱি থাকে । তাই লগত শেষ দেখা দেখি হোৱাৰ পিছত সি ফোনটোকে হাতত লৈ বহি থাকে কিজানিবা তাইৰ ফোনটো আহেই। তাকনো বুজাব কোনে তাই এতিয়া আনৰ পত্নী বুলি...
প্ৰাপ্তি নহ'ল বুলিয়েই
প্ৰেম আধৰুৱা নেকি!
আধৰুৱা প্ৰেমৰ নামেইবা কি ? ত্যাগত ফুলে জানো প্ৰেমৰ গোলাপ!
তেনেহ'লে মানুহে কয় কিয়
প্ৰেম মানেও ত্যাগ ?
এনেকুৱা অজস্ৰ প্ৰশ্নই তাৰ মনত পোখা মেলে
যদিও উত্তৰবোৰ খহনীয়াত পৰি বানৰ বুকুত উটি ফুৰে...।
পৃষ্ঠা ১৭
অনুবাদ কবিতা ঃ
I carry your heart with me
By E.E CUMMINGS
I carry your heart with me ( i carry it in my heart) i am never without it ( anywhere i go you go, my dear, and whatever is done
by only me is your doing, my darling)
I fear
no fate (for you are my fate, my sweet) i want no world ( for beautiful you are my world, my true)
and its you are whatever a moon has always meant
and whatever a sun will always sing is you
here is the deepest secret nobody knows
( here is the root of the root and the bud of the bud
and the sky of the sky of a tree called life, which grows
higher than soul can hope or mind can hide)
and this is the wonder that's keeping the stars apart
I carry your heart ( i carry it in my heart)
মই তোমাৰ কলিজাটো
লৈ ফুৰোঁ মোৰ লগতে
( মূল: I Carry Your Heart With me by E E Cummings
অনুবাদ: প্রাণ কৃষ্ণ গোস্বামী)
মই তোমাৰ কলিজাটো লৈ ফুৰোঁ মোৰ লগতে
( যাক লৈ ফুৰোঁ মোৰ কলিজাৰ মাজতে)
কেতিয়াও ইয়াক মই এৰি যোৱা নাই
( য'তেই যাওঁ মই তুমিও যোৱাঁ, মোৰ মৰমী,আৰু মই কৰা কামবোৰো
তোমাৰেই কৰা, মোৰ সোণ)
মই
ভাগ্যক নকৰো ভয় ( যিহেতু মোৰ ভাগ্য তুমিয়েই, মোৰ প্ৰিয়া)
মই আন কোনো পৃথিৱী নিবিচাৰোঁ ( যিহেতু, মোৰ সুন্দৰ পৃথিৱী তুমিয়েই)
আৰু, চন্দ্ৰমাৰ কোমল জোনাক মানেও তুমি
তুমিয়েই সুৰুযৰ পোহৰে গোৱা গানৰো কলি ৷
ইয়াৰ আছে এটি গভীৰতম ৰহস্য কোনেও নজনা,
( ইয়াত আছে শিপাৰো শিপাৰ, কুঁহিৰো কোঁহৰ
আৰু আকাশৰো আকাশৰ এজুপি গছ, যাৰ নাম জীৱন;
যি আত্মাৰ আশাতকৈ আৰু মনে ঢাকিব পৰাতকৈও অধিক ওখ )
আৰু এই বিস্ময়েই বৰ্তাই ৰাখে তৰাৰ মাজৰ নিজস্ব দূৰত্ব ৷
তোমাৰ কলিজাটো লৈ ফুৰোঁ মই,
( লৈ ফুৰোঁ মোৰ কলিজাৰ মাজতে) ৷
( বিখ্যাত আমেৰিকান কবি এডৱাৰ্ড এ'ষ্টলিন কামিংচ (Edward Estiln Cummings) ৰ ১৮৯২ চনত জন্ম হৈছিল ৷ একেৰাহে কবি, ঔপন্যাসিক, নাট্যকাৰ হোৱাৰ উপৰিও তেওঁ এগৰাকী চিত্ৰকৰো আছিল ৷ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী ( ১৯১৬ চনত) লাভ কৰা কামিংচে নিচেই সৰু কালৰে পৰা কবিতা লিখিছিল যদিও হাভাৰ্ডত পঢ়ি থকা কালতে তেওঁ আধুনিক কবিতাৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হয় ৷ ফলস্বৰূপে তেওঁ কবিতাত আওপকীয়া বাক্য-বিন্যাস আৰু সৰুফলা বৰ্ণেৰে কাব্যিক ভাৱ প্ৰকাশৰ বিশেষ ধাৰা ব্যৱহাৰ কৰিছিল ৷ তেওঁক কুৰি শতিকাৰ এগৰাকী বিশেষ কবি হিচাপে গণ্য কৰা হয় ৷ অন্যান্য লেখাৰ উপৰিও তেওঁ প্ৰায় তিনি হেজাৰ কবিতা লিখি থৈ গৈছে ৷ প্ৰথম বিশ্ব যুদ্ধত কামিংচে ' এম্বুলেন্স ক'ৰত' ভৰ্তি হৈ ফ্ৰান্সত থাকোতে আন এজন বন্ধুৰ লগ হৈ যুদ্ধ বিৰোধী কবিতা লিখি জে'ল খাটিবলগা হৈছিস ৷ ১৯৬২ চনত তেওঁৰ মৃত্যু হয়৷
পৃষ্ঠা ১৮
সেই সপোনবোৰ
মূল বাংলাঃ সুনীল গঙ্গোপাধ্যায়
অসমীয়া লৈ অনুবাদঃ বাসুদেব দাস
পোতাশালৰ ভিতৰত জোনাকৰ পোহৰ পৰিছিল
বাহিৰত বতাহ, বিষম বতাহ সেই বতাহত
নশ্বৰতাৰ গোন্ধ
তথাপি ফাঁচিৰ আগত দীনেশ গুপ্তই চিঠি লিখিছিল
তেঁওৰ নবৌক;
মই অমৰ, মোক কোনেও মাৰিব নোৱাৰে
মাজ ৰাতি, আৰু বেছি দেৰি নাই
প্রহৰৰ ঘণ্টা বাজি আছে,পহাৰাদাৰও ক্লান্ত হয়
শিতানৰ ওচৰত আহি মৃত্যুও বিমর্ষ হয়
কনোডেমনড চেলত বহি প্রদ্যোৎ ভট্টাচার্যই লিখিছে
‘আই তোৰ প্রদ্যোৎ কেতিয়াবা মৰিব পাৰে নে ?
আজি চাৰিওফালে চোৱা
লক্ষ প্রদ্যোৎ তোমাৰ ফালে চাই হাঁহি আছে
মই জীয়াই থাকিলোঁ আই অক্ষয়-’।
কোনেও গম পোৱা নাছিল সি ক’ত
ঘৰৰ পৰা ওলাই গৈছিল ল'ৰাটো, উভতি অহা নাই
জানিব পৰা গ'ল দেশক ভালপোৱাৰ বাবে সি লভিছে
মৃত্যুদণ্ড
শেষ মুহূর্তৰ আগত পোস্টকার্ডত ভবানী ভট্টাচার্যই
দ্রুততাৰ সৈতে লিখিছিল সৰু ভায়েকক।
‘আঁউসীৰ মৰিশালিত ভয়াতুৰ ভয় পায়
সাধকে তাত সিদ্ধি লাভ কৰে।
মই আজি বেছি কথা নিলিখোঁ
অকলে ভাবিম, মৃত্যু কিমান সুন্দৰ।’
লোৰ শলখাৰ ওপৰত হাত
তেঁও চাই আছে আন্ধাৰৰ ফালে
দৃষ্টি ভেদ কৰি যায় দেৱাল, আন্ধাৰ বাঙময় হয়
সূর্য সেন পঠালে তেঁওৰ শেষ বাণী;
‘মই তোমালোকৰ বাবে কী থৈ গ'লোঁ ?
অকলে এটা মাত্র বস্তু
মোৰ সপোন
এটা সোণালী সপোন
এটা মুহূর্ত মই প্রথম এই সপোন দেখিছিলোঁ।’
সেইবোৰ সপোন এতিয়াও বতাহত উৰি ফুৰে,
শুনিবলৈ পাঁও উশাহৰ শব্দ
আন সকলো মৰে, সপোন নমৰে
অমৰত্বৰ আন এটা নাম হয়।
টোকা-(দীনেশ গুপ্ত, প্রদ্যোৎ ভট্টাচার্য, ভবানী ভট্টাচার্য, সূর্য সেন বিখ্যাত স্বাধীনতা সংগ্রামী। তেখেতসকলে ফাঁচিকাঠত আত্মবিসর্জন দিছিল।)
পৃষ্ঠা ১৯
কি পাহৰোঁ, কি মনত ৰাখোঁ মই!
মূল (হিন্দী) : হৰিবংশ ৰায় বচ্চন
অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন
কি পাহৰোঁ, কি মনত ৰাখোঁ মই!
অলিখিত উন্মাদনাৰে ক্ষণ
অলিখিত অৱসাদৰে ক্ষণ
পুৱাৰ নিৰ্জনতাৰ সময়ক
কিহেৰে কিহেৰে সমৃদ্ধ কৰোঁ মই!
কি পাহৰোঁ, কি মনত ৰাখোঁ মই!
স্মৃতিয়ে সুখৰ অশ্ৰু নিগৰাই
দুখৰ হৃদয় গধূৰ কৰি যায়
দোষ কাক দিওঁ যেতিয়া নিজেই
নিজৰ দিন বেয়া কৰোঁ মই!
কি পাহৰোঁ, কি মনত ৰাখোঁ মই!
দুয়োটা কৰিয়েই ব্যথিত হওঁ
ভাবি নাপাওঁ মই
অপ্ৰয়োজনীয় বন্ধনৰ পৰা কেনেকৈ
আপোনজনক মুক্ত কৰোঁ মই!
কি পাহৰোঁ, কি মনত ৰাখোঁ মই!
পৃষ্ঠা ২০
কবিতাঃ
হিয়ালি -জিয়ালি কৈ
তিতি আছে এহালি চকু
ৰণ্জিত গগৈ
আইৰ মুখলৈ চাই
একঠা খাম
ন-ভাঙনি মাটিত
ঘৰ এখন সাজিম
আৰু দুচকুত লহপহাই
বাঢ়ি আহিব
এপিৰালি খৰিকাজাই
এডৰা হালধীয়া সৰিয়হ
এনে সপোন কৰিয়া পাতি
কাৰোবাৰ স'তে গুচি গৈছে
হিয়ালি জিয়ালি কৈ
তিতি আছে
এহালি চকু ৷
আহ! ইমান বিষাদ ৰসাল
চকুযুৰিলৈ চালেই
বুজিব পাৰি কি বোবাময় জীৱন ৷
পৃষ্ঠা ২১
কিমাননো পোহৰ পৰিছিল তেতিয়া
ৰীতা বৰুৱা
কিমাননো পোহৰ পৰিছিল তেতিয়া
চাৰিকড়ীয়াৰ পানীত
ঢিমিক্ ঢামাক্কৈ
পিতাকে জ্বলাই থোৱা
চাকিগছিৰ পোহৰতে তেওঁ
লুইত হৈ সাগৰলৈ বুলি
বাট এটা বান্ধিছিল
সেই বাটেদিয়ে গৈ আমি লগ পাওঁ
ছক্ৰেটিছক, ছমাৰছেট মমক
ফ্ৰান্সিছ বেকনক, পল জন্ছনক
জাঁ পল ছাৰ্ত্ৰেৰ স'তে
অন্তৰংগ আলাপত বহো
ফ্ৰষ্টৰ কবিতাত বিচাৰি পাওঁ নিজক
বাটৰ কাষৰ
এন্ধাৰ গলিটোত সোমাই পিত্পিতাই ফুৰো
বাৰিষাৰ অৰণ্যৰ দৰে সেউজীয়া হওঁ
ধুমুহাৰ পৰা ৰামধেনুলৈ চাওঁ
সেই বাটেদিয়ে গৈ...
কিমাননো পোহৰ পৰিছিল তেতিয়া
চাৰিকড়ীয়াৰ পানীত
আৰু এতিয়া
চাৰিকড়ীয়াৰ পানীত
কাহানিও নুনুমুৱা বেলি ।
পৃষ্ঠা ২২
জীৱনৰ গান
নিৰ্মালী মহন্ত
যোৰহাট
সৰা পাতৰো সুৰ থাকে
হিয়া উজাৰি
বসন্তলৈ ।
শূন্যতাৰ সৈতে
জাপ খাই থকা ব্যথৰ্তাৰো
সপোন সৰে
বসন্তৰ বুকুত ।
উকা উকা ফাগুনৰ বুকুত
উত্তাল হৈ
পলাশৰ ৰংবোৰে
মিচিকিয়াই ।
লঠঙা হোৱাৰ পাছতো
অস্তিত্বৰ খোজবোৰ আজিও ৰঙা ।
প্ৰকৃতিৰ ৰূপতো
অনেক সাজোন,
মানবৰ ৰূপতো
অনেক সাজোন,
অনেক সপোন,
অনেক ব্যথৰ্তা ।
প্ৰাণ থকা জীৱৰ নামতেই
থাকে উত্থান - পতন
কাৰোবাৰ বুকু উকা আৰু
কাৰোবাৰ বুকু ৰঙীন ।
ভিন্ন মায়াৰ মাজতো
সপোন থাকে,
পুনৰাই ৰঙীন হোৱাকৈ
সময় ভেদে
ভিন্ন আবৰণৰ হেঁপাহত।
পৃষ্ঠা ২৩
এটা প্ৰেমৰ কবিতা
জিতেন নৰহ
পানী ভাবনা এটা কঢ়িয়াই
অ' বালিমাহী চৰাই
এদিন মোৰ বুকুৰ নদীতো নামি চাবা।
পানী মেটেকা, শেলুৱৈ অৰণ্য পাৰ হৈ
স্ফটিকৰ এখন নিৰ্জন চহৰ পাবা।
য'ত খোদাই কৰা আছে
ভালপোৱা কলিজাৰ আলফুলীয়া কবিতা।
তাতে নিজক বিচাৰি চাবা।
নহ'লেবা এদিন আহিবা
অপ্সৰা সূতাৰ সাঁকো বগাই
জিৰজিৰ নিজৰা পাৰ হৈ।
তোমাৰ চকুৰ কাজলে পুৰি ছাই কৰা
পাহাৰৰ টিলাটোতে কৰিছোঁ
এডৰা তিলৰ জুম খেতি।
মই জানো
নদী, পাহাৰ, পথাৰ,
শিলনি, তিলনি, ফুলনি
তুমি ভালপোৱা;
নামিব নোৱাৰা যদিও
পানী দেখি ভোল যোৱা।
চঞ্চল ফিচাৰ চকিত ছায়াত
কঢ়িয়াই ফুৰা পানী ভাবনা এটাৰ
ৰহস্যঘন চাকনৈয়া।
সেয়ে তোমাৰ বাবে তিল তিলকৈ গঢ়ি তুলিছোঁ
বুকুৰ মাজত এখনি মৰূদ্যান।
য'ত ৰোপণ কৰিছোঁ হৃদয়ৰ সমস্ত ভালপোৱা।
পৃষ্ঠা ২৪
জীৱন বোঁৱতী নদী
হিৰণ ভূঞা
জীৱনটো এজন প্ৰতাৰক পতিৰ দৰে,
পত্নীক এলাগী কৰি দুখৰ বুকুত থৈ যোৱা।
এলাগী হলেও জীৱন আগুৱাব নিজৰ গতিত ।
জীৱনটো এখন উকা চাদৰৰ দৰে
সময়ে যি ৰংৰে আঁকি যায় সেই ৰংকে আকোঁৱালি আগলৈ গৈ থকাটোৱে জীৱন।
জীৱন মানে সংগ্ৰাম.. সি হ'ব পাৰে শাৰীৰিক বা মানসিক । পাৰিবাৰিক বা সামাজিক...
জীৱন মানে এক এনাজৰী... বান্ধ খাই বিভিন্ন সম্বন্ধ বা সম্পৰ্কৰে...
জীৱন পানীৰ বুৰবুৰণি
ই এক ৰূঢ় বাস্তৱ।
জীৱন এখন মহাভাৰত
যিয়ে কৃষ্ণ বা অৰ্জুন
হ'ব পাৰিছে সিয়ে
জীৱন গীতা জিনিব পাৰিছে।
পৃষ্ঠা ২৫
মৃত্যুৰ সৈতে সহবাস এতিয়া
কাশ্মীৰি দত্ত
নাৰী অধ্যয়ন কেন্দ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
সেয়া শুনিছা কিৰিলি
যমদূত আহিছে
কাৰ নাম উঠিব বাৰু এইবাৰ
মৃত্যুৰ তুলাচালনীত !
নিথৰ নিথৰ মন , সেমেকা আৱেগ
নিয়ৰৰ টোপাল সৰা দুচকুৰ পতা,
আতংকৰ বুকুত আজি
জীয়াই থকাৰ আখৰা।
মহামাৰীৰ কালগ্ৰাসত ককবকাইছে আজি
আমাৰ চেনেহৰ ধৰণীয়ে,
ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ আজি
মানৱ জীৱনৰ সময়ৰ টুকুৰা।
সময়ৰ আহ্বানত উশাহবোৰ ক্ৰমাৎ
চুটি হৈ আহিছে
প্ৰিয় হালধীয়া সময়বোৰত
আতংকই চানি ধৰিছে ,
চাৰিওফালে এতিয়া কেৱল
মৃতকৰ চিতাই যজ্ঞ পাতিছে।
নিস্তব্ধতাত ৰৈ গৈছে
হাজাৰ জনৰ কলকলনিৰে মুখৰিত হৈ থকা
সদা ব্যস্ত, চিৰপৰিচিত পথ
সময় বোৰে কিয় কঢ়িয়াইছে বাৰু
কেৱল দু:স্বপ্নৰ বতৰা!
নিজৰ বুকুৰ ঢপঢপনি নিজেই শুনিছোঁ
বন্ধ দুৱাৰৰ এইপাৰেও বহি যেন
এতিয়া কেৱল মৃত্যুৰ বাবেই
অপেক্ষা কৰিছোঁ।
কোঁঙা হৈ পৰিছে যেন মানৱ জীৱন
মহামাৰীৰ আতংকত মানুহ কঁপি উঠিছে
লকডাউনৰ কৱলত দুখীয়া শ্ৰেণীয়ে
দিকবিদিক হেৰুৱাইছে
কেইটামান চাউলৰ বিনিময়ত,
বৃদ্ধি পোৱা আলু-পিয়াঁজৰ দামে
ভাবিবলৈ বাধ্য কৰাইছে,
আচলতে কোনফালে গতি কৰিছে সময়ে !
বেমাৰ নহলে ভোকত পৰি
পৃথিৱীত মৃত্যুৰ মহামেলা বহিছে।
সময়ে বাৰু দিবনে
আমাক উশাহ লৈ থাকিবলৈ!
পুনৰ এবাৰ জীপাল হ'বনে
পৃথিৱীৰ সেউজীয়া পৰিসৰ !
শব্দবোৰ হেৰাই গৈছে যেন ক্ৰমাৎ
নি:শব্দতাৰ গৰাহত
বাঢ়ি অহা আতংকৰ ভৰপক সময়ত
চিঞৰে কোনোয়ে জীৱন বিচাৰি
নিঃশব্দ উচুপনি বোৰেও খান্দি নিয়ে বুকু
সঁচাই আতংকৰ বিষাদ বোৰৰ ওজন বৰ গধূৰ ।
আমাৰ প্ৰিয় সময়বোৰ বাৰু
আকৌ আহিবনে উভটি!
আতংক বিহীন সময় অলপ পুনৰ
পামনে বাৰু নিজলৈ বুলি !
খিলখিলোৱা হাঁহিৰ এজাক বতাহ বোৱাবলৈ
কেতিয়ালৈ হ'ব বাৰু আমাৰ ধৰিত্ৰী আই সুস্থ!!
পৃষ্ঠা ২৬
কালিমা
দীপালী গোস্বামী
দেৰগাওঁ
হে কভিড -১৯, জগত নিধনকাৰী,
আজিহে চিনিলো তুমি অতিকে মহামাৰী।
হ'লা আৱিৰ্ভাৱ ২০২০ ৰ প্ৰাৰম্ভিকত,
স্ব-ইচ্ছাৰে ২০২১ তো চলালা তোমাৰ যজ্ঞ।
কিমানক কৰিলা মাতৃহাৰা
কিমানক কৰিলা পিতৃহাৰা
কিমানক কৰিলা ঘাট-মাউৰা,
ইয়াতেই ক্ষান্ত নে তুমি ?
ওহো নহয়!
বহুতৰ সীৰৰ সেন্দুৰ যিদৰে মচিলা,
বহুতৰ ভাৰ্য্যা কাঢ়ি নি কৰিলা পত্নীহীনা।
নাজানো এইয়া বিজ্ঞানৰ অগ্ৰগতিৰ ফল,
নুবুজোঁ কোনোবা দেশৰ হঠকাৰী চিন্তাৰ কোব,
নোঁৱাৰো বুজিব বিশ্বত ঘটা অন্যায় অবিচাৰৰ - -।
আজি বাৰে বাৰে মনত খলকনি তোলে,
শাস্ত্ৰৰ সেই পংক্তিটিয়ে---।
"কলিৰ শেষত হ'ব কল্কি অৱতাৰ
কাটি মাৰি ম্লেছক কৰিব গুণ্ডামাৰ।"
এইয়া কিমান হৃদয় বিদাৰক
কিমান অসহনীয়
মাতৃৰ বুকুৰ উমত থকা শিশু
পৰি আছে চিকিৎসালয়ৰ কক্ষত।
ইমানতে শান্ত হোৱা মহামাৰী
নোঁৱাৰো সহিব আৰু জননীৰ দুখ।
দুটা বছৰত কিমান দিলা জ্বালা-যান্ত্ৰনা,
তোমাৰ ভয়ত বিতত হৈ নেদেখা হ'লো একো।
নেদেখাকৈ হেৰাই গ'ল,
ৰুদ্ধদ্বাৰ কোঠাত থাকোতেই কত চিনাকী মুখ।
দি গ'ল মাত্ৰ খবৰৰ উপৰি খবৰ
আমাৰ সাৰথি মোবাইল টেলিভিছনে ।
যুগ যুগান্তৰলৈ ইতিহাস হৈ ৰৱ ,
তোমাৰ কালমূৰ্ত্তিৰ ধুমুহাৰ অপকীৰ্তি ।
শান্ত হোৱা শান্ত হোৱা হে মহামাৰী,
কাবৌ কৰিছো তোমাৰ দুখনি চৰণত ধৰি ।।
পৃষ্ঠা ২৭
পুৰোহিত তোমাক নমস্কাৰ
কবিঃ দত্ত বৰুৱা
M-7002761618
পৰিচয় তোমাৰ পুৰোহিত
আহোম যুগৰ
তুমি নোহোৱা কাহানিও
সংকীৰ্ণ মনৰ
তথাপি কিয় সংঘাত ?
প্ৰগতিৰ পথত ব্যাঘাত
নিৰ্ভীক ভাবে তুমি দিয়া অপবাদ,
মোৰ বাবে মৌন দুখৰ সংবাদ
তুমি পুৰোহিত উচ্চ বৰ্ণৰ
মই যে নাপিত নিম্ন জাতৰ
তথাপি কৰ্ম দুয়োৰে আমাৰ
নহয় নে জনহিতকৰ ?
তেন্তে কিয় আমাৰ মাজত সংঘাত
বিতৰ্ক কিম্বা অযথা প্ৰতিবাদ ?
উদাৰ আকাশৰ বিশালতাই
সাৱটিছে পৃথিৱীক দেখিছা নে নাই ?
এই পৃথিৱীতে তুমি মই নিতে
ভিন্নতাৰ সাজ পিন্ধি সংকীৰ্ণতাকে
ধৰোঁ কিয় সাৱটি ?
ইজনে সিজনৰ অপযশ সানি
কিমানো বোঁৱাব আৰু
অশান্তিৰ নিজৰা খনি ?
সেনা ছাউনিৰ কোনো চিপাহীৰ
নাম কটা মোৰ বাবে সাধ্য নহয়,
নহয় ই মোৰ কাম্য
কদাপি কটা নাই নাম জৈনক চিপাহী
উপাধি যাৰ সন্দিকৈ
তুমি পুৰোহিত
নহয় গৰ্ব ৰহিত
অপবাদ দিলা মোক মিছাকৈ ।
মই হেনো অবুজন
হ'ব পৰা নাই
কোনো কালে
আস্থা ভাজন !
জ্ঞানীৰ সমাজত অলংকাৰ সেইজন
চণ্ডালকো সম জ্ঞান
কৰে যি জন ।
তুমিয়ে মোক অপবাদ দিলা
মই হেনো অবুজন!
ধমক দি বীৰত্ব দেখুৱালা
তুমিয়ে মহান হ'লা
তুমি পুৰোহিত উচ্চ বৰ্ণৰ
তোমাক নমস্কাৰ,
মই যে নাপিত নিম্ন জাতৰ
নকৰে যেন তিৰস্কাৰ ।
পৃষ্ঠা ২৮
বৰ্ণ-বৈষম্য
জ্যোতিশিখা দত্ত
গুৱাহাটী
দূৰভাষ : ৭৫৭৮০২৭২৪৪, ৭০০২১২০০২১
ই-মেইল : jyotisikhadatta@gauhati.ac.in
তুমি আৰু মই
একেলগে থিয় হৈ
আলচ কৰিছিলোঁ জীৱনৰ,
তোমাৰ দুখবোৰে
মোক দাহ কৰিছিল
মোৰ হাঁহিবোৰত
তুমি উজ্বলি উঠিছিলা
আমাৰ মগজুত ডোপামিন
আমাৰ কথকতাৰ মাজত
হঠাৎ এখন দেৱাল
লগে লগে তুমি হৈ পৰিলা উচ্চ
মই হৈ পৰিলো নীচ
আৰু লগে লগে
তোমাৰ দুখবোৰ মোৰ কাম্য
মোৰ হাঁহিবোৰ তোমাৰ বিষাদ
আমাৰ মগজুত এতিয়া
অক্সিটচিনৰ প্ৰৱাল সোঁত।
পৃষ্ঠা ২৯
স্বাধীনতা
ঝৰ্ণালী শৰ্মা বৰকটকী
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং ৯১০১৮৬০৩৫৯.
স্বাধীনতা, হৃদয়ৰ পৰা হৃদয়লৈ
সিৰা উপসিৰাই বৈ অহা
তেজৰ গান ।
জীয়া মানুহৰ জুহালৰ
সপোন স্বাধীনতা
ৰʼদে বৰষুণে তিতা মানুহৰ
নাঙলৰ সীৰলুৰ
বীজ্ স্বাধীনতা।
আশ্বাস আৰু বিশ্বাসৰ
দলিলত জিলিকি থকা
কিছুমান শব্দৰ পোছাক স্বাধীনতা।
ক্ৰমশঃ সময়ৰ মেৰপাকত
আক্ৰান্ত স্বাধীনতা
শব্দবোৰ পোছাকহীন হ'ল
জুহালত জ্বলি উঠিল
চকুৰ পানীৰ লেহিহান শিখা
ঝৰঝৰকৈ সৰি পৰিল
সপোনৰ সৌধবোৰ
স্বাধীনতা মাথোঁ এটি শব্দ হৈ ৰʼল।
আকৌ এবাৰ বিচাৰি পামনে
আমাৰ হৃদয় জুৰি থকা
এটি সপোন
স্বাধীনতা ?
পৃষ্ঠা ৩০
শৰতৰ শোক
ৰেখা বৰকটকী
যোৰহাট
প্ৰেক্ষাপটত এজাক মানুহ
অন্তঃসলিলা ফল্গুৰে
প্ৰজ্বলিত হৃদয় বন্তি
উন্মাদ জলধাৰা
নিগৰে অশ্ৰুৰ!
হিল্লোলিত আবেগৰ
মূষলধাৰ...
ক্ষণে ক্ষণে কম্পিত বুকু
মৃত্যুৰ তুলাচনীত
কোনবা কেতিয়া সৰকে ?
অদম্য স্পৃহা
অনুজ ,অগ্ৰজ কিম্বা
আত্মজ ৰক্ষাৰ
শৰতৰ আকাশ মেঘাছন্ন
শোকাৰ্ত ধৰণীৰ বুকুত
বিচ্ছেদৰ অনল
নীলিম আকাশে আজি
নবজায় দুন্দূৰ্ভি
আদৰি নানে আই শাৰদীক
নিৰ্বিবাদে নুফুলে
অজস্ৰ ফুল
বিৰহৰ দাবানলে
ধূসৰ ৰজনী !
উচুপিছে শুভ্ৰ শেৱালি
পৃষ্ঠা ৩১
সময়
ৰেমী শৰ্মা
লংকা, হোজাই
ফোন নং-6000717800
সময়বোৰ ভাগ বতৰা কৰোঁতে
একান্ত নিজৰ বুলিবলেহে
অলপো নহ'ল থোৱা।
ঘৰে পৰে সময়ৰ ভাগ হ'ল
দিনটো থলো সুবিধাৰ বাবে
ৰাতি থলো সুযোগৰ বাবে
এতিয়া সময়ে আপত্তি কৰে
মোক হেনো সময়মতে বিচাৰি নেপায়!
মাজনীৰ কাষতে ৰৈ থাকে সময়
আজৰি হ'লে কথা পাতিব মোৰ লগত দুআষাৰ
সুখৰ, দুখৰ...
পিছে বাবাৰো দেৰি হয়
মোৰ সময়কন সময়তকৈ আগতেই সি লৈ যায়
তেওঁৰো অফিচলৈ বৰ খৰ খেদা
মোৰ কিছু সময় তেওঁৰো প্ৰয়োজন হয়
সময়ে আপত্তি কৰে আজিকালি
সময়লৈ বোলে মোৰ আহৰি নাই !
লাহে লাহে সময়ে লগ এৰিছে
সময়ক বিচাৰি ফুৰো মই
আহাঁ কিছু সময় তোমাৰ লগত কটাওঁ
বিনিময় কৰোঁ আবেগবোৰ
আদান প্ৰদান কৰিম একান্ত ব্যক্তিগত কিছু কথা
গঢ়ি উঠিব এটি সমন্ধ তোমাৰ লগত
পিছে সময় এতিয়া নিৰুদ্দেশ
আপুনি যদি লগ পাই কেতিয়াবা সময়ক, ক'বচোন
মই বৰ আগ্ৰহেৰে ৰৈ আছোঁ সময়লৈ...।
পৃষ্ঠা ৩২
সিহঁত, তেওঁ আৰু মই
মীনাক্ষি ৰায় ডাকুৱা
গোলকগঞ্জ, ধুবুৰী
অসহিষ্ণু সিঁহতে তেওঁক
অমানৱীয় হিংস্ৰ আচৰণ কৰিলে
তেওঁ স্থিতপ্ৰজ্ঞ অৰ্জুন হৈ থাকিল
আৰু মই বেদনাত নীলা হৈ গ'লোঁ ।
উল্লসিত সিঁহতে তেওঁক
বিদ্ৰুপবাণেৰে থকাসৰকা কৰিলে
তেওঁ শৰশয্যাত ভীষ্মৰ দৰে
উদাসীন নিৰ্বিকাৰ হৈ থাকিল
আৰু মই শোকত অধীৰা
বাকহীনা কুন্তী হ'লোঁ ।
দাম্ভিক সিঁহতে তেওঁক অৱমাননা কৰিলে
তেওঁ মহানিৰ্বাণৰ সন্ধানত
ক্ষমাসুন্দৰ ত্যাগী বুদ্ধ হ'ল
আৰু মোৰ অন্তৰ আৱেগত
অভিমানিনী যশোধৰা হ'ল ।
অৰ্বাচীন সিঁহতে হীৰাক
শিল বুলি দলিয়াই পেলালে
তেওঁ হলাহলধাৰী নীলকণ্ঠ হৈ ৰ'ল
আৰু মই ক'লোঁ—
"সোণৰ জেউতি অমান্য কৰিলে নকমে ।"
অপৰিমাৰ্জিত সিঁহতে
তেওঁৰ ছৱি বিকৃত কৰিলে
তেওঁৰ নিৰুত্তৰ মৌনতা
পাঞ্চজন্যৰ নিনাদৰ দৰে প্ৰতিধ্বনিত হ'ল
আৰু মোৰ হৃদয়
লাঞ্ছিতা পাঞ্চালীৰ দৰে গৰজি উঠিল ।
আতঙ্কিত সিঁহতে ৰাহুৰ দৰে
তেওঁৰ প্ৰতিভাক ঢাকি ধৰিলে
তেওঁ মহাকাল হৈ প্ৰতীক্ষাত ধ্যানমগ্ন হ'ল
আৰু মই ভাবিলোঁ—
ৰাহুগ্ৰাস খন্তেকীয়া, সূৰ্য ওলাবই ।
পৃষ্ঠা ৩৩
বাঁহতলৰ বাসিন্দা
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
ৰজাবাৰী গাঁও, যোৰহাট
ম'বাইল নং 6000709096
পোহৰে মেলা পাতিছে চহৰত
চহৰখনলৈ যেন ৰাতিৰ আকাশখন নামি আহিছে
তৰাবোৰে নিচেই কাষৰ পৰা হাতবাউলি মাতিছে
ক'ৰবাত জোনে তৰাৰ সৈতে খেলিছে
চহৰ অভিমুখী মানুহজনৰ দেহত বুৰঞ্জীয়ে গৰকা বগা ধুতী-পঞ্জাৱীৰ সাজ
কান্ধত এটা ৰঙা মোনা
হাতত সাৰথি সেউজীয়া ৰঙৰ এডাল লাখুটি
মানুহজন হোজা গাঁৱলীয়া
বাঁহতলৰ বাসিন্দা
চহৰৰ ইতিহাস তেওঁ নেজানে
তেওঁ কাহানিও জুমি চোৱা নাই
চহৰৰ গৰ্ভ
এজনী তৰুণীৰ দৰে চহৰখন
তেওঁৰ আকৰ্ষণ নহয়
তেওঁৰ চিনাকি তামোলপাতৰ ফাঁকেৰে সৰকি পৰা জোনৰ পোহৰ
তেওঁৰ চিনাকি বাঁহগছত ওলমি থকা বেলি
তেওঁৰ চিনাকি পথাৰৰ বঙিয়াই খোজ কাঢ়িফুৰা সুখ
তেওঁৰ চিনাকি আধাপেটি ভঁৰালৰ দুখ
মানুহজন হোজা গাঁৱলীয়া
বাঁহতলৰ বাসিন্দা
চহৰখনৰ ওচৰত তেওঁৰ এটা অভিযোগ
তেওঁৰ কলিজাটো চহৰে চোৰ কৰিলে
তেওঁৰ মানুহজনীৰ উশাহটো চহৰে চুটি কৰিলে
আজি তেওঁ চহৰৰ ওচৰত বিচাৰি আহিছে
হেৰাই যোৱা কলিজা আৰু উশাহৰ আঁট
মানুহজন হোজা গাঁৱলীয়া
বাঁহতলৰ বাসিন্দা
চহৰৰ গলিত কান্ধৰ মোনাটো হেৰুৱাই তেওঁ মৰ্মাহত
পোহৰত এন্ধাৰৰ খেল
পোহৰৰ গুৰিতেই এন্ধাৰ থাকে
পোহৰ পিয়াসী চহৰৰ হৃদয় নেথাকে
মানুহজন হোজা গাঁৱলীয়া
বাঁহতলৰ বাসিন্দা।
পৃষ্ঠা ৩৪
নীলা চৰাইৰ সাধু
পপী বৰা দত্ত
দিখৌ মুখ খৰাধৰা
তোৰ ওঁঠৰ পৰিধিত
এটা নীলা চৰাই গুজি দিবৰ
মন যায় কেতিয়াবা ।
তোৰ দুচকুৰ চহৰত
ৰ'দ হৈ সৰি পৰা হ'লে
চুই চাব পাৰিলো হেতেন
তোৰ বুকুত ওমলি থকা
সোণাৰু বুলীয়া হাঁহি ।
আনক সুখী কৰাৰ জোখেৰে
মোৰ এতিয়া একো নাই ।
কথা দিলো এদিন তোৰ ওঁঠৰ
শব্দবোৰ চুই চাব পৰাকৈ
মই বতাহ হ'ম ।
তেতিয়াই তোৰ ওঁঠত গুজি দিম এটা নীলা নীলা চৰাই ।
পৃষ্ঠা ৩৫
সম্পৰ্ক
পূৰ্ণিমা বৰুৱা
শিৱসাগৰ ( জাঁজী)
মৰমৰ তুলাচনীত
সম্পৰ্কবোৰ গঢ় লয় অনুভৱেৰে
তৰ্কৰে নহয়..
সম্পৰ্কবোৰ গভীৰ হয়
আন্তৰিকতাৰে , সন্দেহেৰে নহয় ,
সম্পৰ্কবোৰ সুস্থিৰ হয়
সঁচা ভালপোৱাৰে
কৃত্ৰিমতাৰে নহয় ।
অলপ বুজা-পৰা
অলপ এৰা-ধৰা ই
যদি সকলো হয়
তাতনো আপত্তি কিহৰ ,
এনেদৰেই আগবাঢ়ি যায়
সম্পৰ্কবোৰ
গাঢ় হৈ যায় অনুভুতিবোৰ ,
নিবিড় হৈ যায় স্মৃতিবোৰো
কেতিয়াবা লাগিব খুজিলেও যঁট
ভাঙি দিবা লাহেকৈ
অকণো নিচিঙাকৈ
আলফুলে , সৱধানে
তেহে টিকিব
চিৰদিনলৈ ।।
পৃষ্ঠা ৩৬
আনন্দৰ জোৱাৰ
সীতা দেৱী, বিহপুৰীয়া
লখিমপুৰ।
জীৱন মৰুত বিচাৰোঁ,
সপোনৰ বাস্তৱতা,
মৰুদ্যানৰ সন্ধান।
বৃত্তৰ পৰিধি ভাঙি,
হেজাৰ বাধা নেওচি,
আগুৱাই যোৱাৰ
দুৰ্দান্ত চেষ্টা।
কল্পনাৰ ৰংঘৰৰ আশাত
পোহৰৰ পম খেদি,
সাগৰৰ উত্তাল তৰংগত
অহৰহ বিচৰণ।
পৰ্বতৰ সুউচ্চ টিঙত,
হেলাৰঙে আৰোহণৰ প্ৰয়াস।
কৃতকাৰ্যতাৰ সোপান গঢ়াৰ
অবিৰত প্ৰচেষ্টা।
সুস্থিৰ চিন্তাৰ সুবিচাৰে
নিশ্চয় দিব,
মধুময় জীৱনৰ
আনন্দৰ জোৱাৰ।
পৃষ্ঠা ৩৭
সপোন কল্পনা
অংশুমান কলিতা
ডিব্ৰুগড় বিশ্ববিদ্যালয়
9101095381
শাৰদী নিশা তোমাৰ কথা
শেৱালি ভৰা তুমি কল্পনা
গোপনে গোপনে ছবি অঁকা
নিমাত নিজান প্ৰেম ভালপোৱা
চকুৰ পলকতে হঠাৎ আহি
যোৱাহি কিয় সপোন ভাঙি
মৌনতাৰে ভৰা চকুৰ চাৱনি
ওঁঠৰ ফাঁকেৰে বাগৰা বহু কাহিনী
সমুখত অহা তুমি ৰঙা গোলাপৰ পাহি
কাঁইটীয়া সেই তুমি দিয়া হাঁহি
সিক্ত নয়নে ভৰা চকু জুৰি
আধৰুৱা মোৰ এই জীৱন সোণোৱালী...।
পৃষ্ঠা ৩৮
অনুভৱঃ
তেওঁ আমাৰ সাদৰী আই
বীৰশ্বৰ ৰাভা
গোৱালপাৰা
ফোন--৯৮৬৪৯১৬৯৯৮
হাতৰ মুঠিৰ বালি সৰকি পৰি যোৱাৰ দৰে সময়বোৰ হাতৰ ফাঁকেৰে সৰি সৰি ক'ৰবাত হেৰাই গ'ল। হেৰাই গ'ল সুমধুৰ শৈশৱৰ উচ্ছাল হাঁহিবোৰ। সময়ৰ বিবৰ্ণ পৃষ্ঠাত বিলীন হৈ গ'ল সেই সুখৰ আৰু আনন্দৰ দিনবোৰ। বোকোচাত উঠি সময় নামৰ চকৰিত ঘুৰি ঘুৰি ভাগৰি পৰা ক্লান্ত হৃদয়ত উচুপনি তোলে আইৰ স্মৃতিয়ে।
এদিন কুঁৱলিৰ আচ্ছাদন ফালি ওলাই দেখিবলৈ পালোঁ এই সুন্দৰ ধৰণী। তেওঁৰ বাবে মাথোঁ সম্ভৱ হ'ল নতুনত্বৰ লগত পৰিচয়ৰ। যি গৰাকী মানুহে দহ মাহ দহ দিন ধৰি গৰ্ভত ধাৰণ কৰি লৈ আহিল আমাক সুন্দৰৰ লগত পৰিচয় ঘটাবলৈ। তেওঁৱেই মহিয়সী আই। যাৰ চকুত দেখোঁ আমাৰ জীৱন গঢ়াৰ সপোন। সোণালী শৈশৱৰ কথা মনলৈ আহিলে মনৰ আকাশ কুঁৱলিৰে আবৰি ধৰে। নিয়তিয়ে কাঢ়ি নিয়া আমাৰ সোণালী শৈশৱত হৈ পৰিছিলো আইৰ দুখৰ সমভাগী। নীৰৱে চকুলো টোকো বহুতো, তথাপিতো আইৰ সাহসেৰে খোজ দিছো আইৰ পৃথিৱীত। মোৰ হৃদয়ত বৰ বৰ হৰফেৰে লিখা আছে এটা মিঠা শব্দ --"আই"।
নৈৰ সোঁত কেতিয়াও পোনে পোনে বৈ নাযায়। ওখোৰা-মোখোৰা ঠাইত ঠেকা খাই খাই নিজৰ গতি সলনি কৰি হ'লেও বিৰামহীন গতিত বৈ থাকে, কেতিয়াও ৰুদ্ধ নহয়। নিজৰ লক্ষ্যৰ পৰা লক্ষ্যচ্যুতও নহয়।
"আইৰ সমান হ'ব কোন , নৈৰ সমান ব'ব কোন"। "আই" তেনে এটা শব্দ ,যাৰ উচ্চাৰণতে দেহ-মন শীতল পৰি যায়। পৃথিৱীৰ সকলো মাতৃয়ে নিশ্চয় একেই। যাৰ ধৈৰ্য শক্তি, সহন শক্তি আৰু সাহসত সকলোৱে নতি স্বীকাৰ কৰিবলৈ বাধ্য। সকলো সন্তানেই মাতৃৰ পৰা আদি পাঠ হিচাপে পায়--জ্যেষ্ঠজনক সন্মান, কনিষ্ঠৰ প্ৰতি মৰম আৰু সকলো জীৱৰ প্ৰতি দয়াশীল হোৱা। আইৰ ওপৰত পোৱা যায় জীৱনত আগবাঢ়ি যোৱাৰ দুৰ্বাৰ সাহস আৰু নিৰাপত্তা, জীয়াই থকাৰ অস্তিত্ব আৰু জগতক মৰমৰ এনাজৰীৰে বন্ধা এক নতুন সত্তা।
সন্তানৰ সফলতাত মাতৃৰ চকুৰ চকুলোত দেখা যায় বিশ্ব জয়ৰ সাহস আৰু প্ৰেৰণা। বহুত দিওঁ বিনিময়ত একোকে নিবিচৰা তেওঁৱেই হৈছে আই। নিজৰ সপোনক ভৰিৰে গচকি সন্তানৰ চকুত সপোন দেখে তেওঁ। সপোন দেখে তেওঁ জগতক নতুন সাজেৰে সজোৱাৰ।
জীৱন বৰ চুটি অথচ জীৱনৰ অকোৱা-পকোৱা বাটবোৰ বৰ দীঘল। জীৱনৰ দুটি বাট আমাৰ বাবে ৰৈ থাকে। এটা হৈছে সত্য আৰু ন্যায়ৰ আৰু আনটো হৈছে অসত্য আৰু অন্যায়ৰ। আয়ে আঙুলি টোৱাই সত্যৰ বাটে যাবলৈ। এই বাটে গ'লে সন্তানে পায় সুন্দৰৰ পৃথিৱী। আৰু অসত্যৰ বাট নিচেই চমূ, কিন্তু তাত পোৱা যায় মৰীচিকাৰ চিকমিকনি।
আই হৈছে সাহস, ধৈৰ্য, মৰম, সহিষ্ণুতা আৰু ত্যাগৰ প্ৰতিমুৰ্তি। আইৰ চকুত থাকে সন্তানৰ জীৱন গঢ়াৰ সপোন। আইৰ এটা মাথোঁ চুম্বনতে বিশ্ব বিখ্যাত চিত্ৰকৰৰ জন্ম হৈছিল। ঠিক সেইদৰে বহু মাতৃৰ ত্যাগতে জন্ম হয় বিশ্ববৰেণ্য ব্যক্তিসকলৰ। মাতৃৰ শুভ কামনাই সন্তানৰ বাবে হয় এক মহাশক্তি। মাতৃৰ বাবে সন্তান যেন এগছি বন্তি আৰু মাতৃ যেন এটি মাথোঁ চগা। সন্তানৰূপী বন্তি গচিত মাতৃৰূপী চগাটিৰ জীৱনৰ সমস্ত দুখ-যান্ত্ৰনা ত্যাগ আৰু আশা-আকাংক্ষা নিঃশেষ কৰি বন্তিগচি উজলাই জগতক পোহৰাই তোলাই তেওঁৰ মাথোঁ লক্ষ্য।
পৰিয়াল এটাৰ আটাইতকৈ শক্তিশালী ভেটি হৈছে আই। তেওঁ কেতিয়াও হতাশ নহয়, কাৰো প্ৰতি নাথাকে কোনো অভিযোগ, কিয়নো তেওঁ আমাৰ সাদৰী আই। বিভিন্ন সময়ত বিভিন্ন সেৱা সন্তানলৈ আগবঢ়ায়। কাৰো পৰা কিন্তু কোনো স্বীকৃতি নিবিচাৰে।
শৈশৱৰ দিনৰে পৰা আয়ে নিজৰ বিষয়ে নভবাকৈ আমাৰ হাতত ধৰি জীৱনৰ আনন্দ আৰু দুখৰ স'তে পৰিচয় কৰাই দিয়ে। সেইবোৰৰ মাজেৰে জীৱনৰ বাট বুলিবলৈ আমাক আখৰা কৰায়। জীৱনত সন্তানে দুখ নাপাবলৈ মাতৃয়ে নিজৰ কিমান সুখ বিসৰ্জন দিয়ে ! প্ৰকৃততে যিকোনো ত্যাগৰ তুলনাতেই শ্ৰেষ্ঠ ত্যাগ মাতৃৰ। কিন্তু এই ত্যাগৰ বাবে তেওঁ কাৰো পৰা স্বীকৃতি বা পুৰস্কাৰ নিবিচাৰে। মাতৃৰ মৰমৰ কোনো বিনিময় নাই। সন্তানৰ ভাল লগা আৰু আনন্দই তেওঁৰ সন্তুষ্টি। সন্তানে জীৱনত হাঁহিব পাৰিলে তেওঁ হাঁহে আৰু সন্তানৰ দুখত তেওঁ কান্দে। সন্তানৰ প্ৰত্যেকৰে পঢ়া-শুনাত, প্ৰথম আখৰ শিকাৰ ক্ষেত্ৰত আইৰ অৱদান সদায় আগত থাকে। আইয়ে কেতিয়াও নিজৰ সুখৰ কথা নাভাবে, নিজৰ অধিকাৰৰ কথা নকয়। পৃথিৱীৰ সাধাৰণ, অসাধাৰণ প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক মানুহৰ একো একোটা অংগৰ ৰূপত গঢ়ি তুলিবলৈ যত্ন কৰে। সেয়ে হয়তো আশাহীনতাৰ মাজতো কিবা এক আশাৰ বন্দী হৈ সমাজখন ভাগি নোযোৱাকৈ থিয় হৈ আছে। সন্তানৰ কৃতকাৰ্যতাত মাতৃৰ মুখত যি উজ্জ্বলতা বিয়পি পৰে, পৃথিৱীৰ কোনো উজ্জ্বলতাৰ সৈতে তাৰ তুলনা কৰিব নোৱাৰি। "আই" সন্তানৰ মংগলৰ বাবে যিকোনো যান্ত্ৰনা মূৰ পাতি ল'বলৈ সদায় তৎপৰ।
প্ৰকৃততে আইৰ অনুভৱ ,মাতৃত্বৰ অনুভৱ আমি কেতিয়াও ভাষালৈ ৰূপান্তৰ কৰিব নোৱাৰোঁ। অকল মাতৃয়েহে কৰিব পাৰে "মাতৃত্ব" বা "মাতৃ হোৱা"ৰ অনুভৱ।
পৃষ্ঠা ৩৯
শিশু বিশেষঃ
যোগ পৰিচয়ঃ ২
মানসিক সুস্থতাৰ বাবে প্ৰানায়াম
চিন্ময়ী
কামৰূপ অসম
মানব জীৱনৰ সকলো দিশৰ উন্নতিৰ বাবে যোগ ভাৰতীয় সংস্কৃতিৰ এক প্ৰাচীন পদ্ধতি। প্ৰকৃততে যোগ কিছুমান আসন বা প্ৰাণায়ামেই নহয় তাতোকৈ গভীৰ অৰ্থবহুল। যোগ হৈছে, জীৱনৰ উত্কৰ্ষ সাধনৰ এক প্ৰাচীনতম অনুশীলন। যোগ কেইবাভাগত বিভক্ত, কিছুমান মনোবিজ্ঞান সম্বৰ্কীয়, যেনে- যম, নিয়ম আৰু প্ৰাণায়াম। আন কিছুমান মন আৰু আত্মা সম্বন্ধীয়, যেনে- প্ৰত্যাহাৰ, ধাৰণা। আকৌ কিছুমান আত্মা সম্বন্ধীয়, আধ্যাত্মিক, পাৰমাৰ্থিক, যেনে- ধ্যান, সমাধি আদি আৰু কিছুমান হৈছে সম্পূৰ্ণৰূপে দৈহিক, অংগসঞ্চালন প্ৰক্ৰিয়াৰ, যেনে- আসন, মুদ্ৰা ইত্যাদি। পুনয় যোগসাধনাক দুভাগত বিভক্ত কৰা হৈছে। ইয়াৰে এবিধ হৈছে ৰাজযোগ আৰু আনবিধ হৈছে হঠযোগ। ৰাজযোগত আধ্যাত্মিক বিকাশ, পাৰমাৰ্থিক লাভৰ প্ৰক্ৰিয়াবোৰ জড়িত থাকে। আনহাতে হঠযোগৰ মাধ্যমেৰে দৈহিক অংগসঞ্চালন প্ৰক্ৰিয়াত মনোযোগ দিয়া হয় আৰু শৰীৰ সুস্থকৈ ৰখাৰ বাবে কৰা হয়। হঠযোগত থকা আসন আৰু মুদ্ৰাই ৰোগ নিবাৰণ আৰু আৰোগ্য লাভৰ ক্ষেত্ৰত উত্কৃষ্ট ফল প্ৰদৰ্শন কৰা দেখা যায়।
সাধাৰণতে যোগ কৰোতে প্ৰকৃতিৰ লগত এক হৈ ল’ব লাগে। ইয়াৰ ফলত প্ৰকৃতিৰ যোগাত্মক গুণসমূহ সহজে আহৰণ কৰিব পাৰি। সেই বাবে মুকলি স্থানত, গছ-গছনি, ফুলৰ মাজত যোগ কৰিব পাৰিলে ভাল। চাকি-বন্তি বা ধুপ-ধুনা জ্বলাই ল’লে স্থানখিনি পবিত্ৰ অনুভৱ হয় আৰু মহ মাখি আৰু আন পোক- পৰুৱাই উপদ্ৰব কৰিব নোৱাৰে। যোগেৰে প্ৰকৃতিৰ প্ৰতি সজাগ হৈ নিজৰ মাজত প্ৰবেশ কৰিব লাগে। পুনৰ নিজৰ মনৰ মাজৰ পৰা প্ৰকৃতিৰ প্ৰতি সজাগ হৈ যোগ কৰিব লাগে।
যোগ কেতিয়াও বৰ খৰখেদাকৈ কৰিব নালাগে। এটা প্ৰক্ৰিয়া ১০ৰ পৰা ৪০ চেকেণ্ডেলৈ কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰথমতেই ভালকৈ কৰিব নোৱাৰিলেও চেষ্টা চলাব লাগে। প্ৰক্ৰিয়াবোৰ অনুশীলনৰ দ্বাৰাই ভালকৈ কৰিব পাৰি ।
যোগ কৰোতে মূলতঃ যম, নিয়ম, আসন, প্ৰাণায়ম, ধ্যান, ধাৰণা, প্ৰত্যাহাৰ — এই সাতটা স্তৰ পালন কৰা উচিত। বহুল প্ৰচলিত কেইটামান প্ৰাণায়ামৰ দিহা তলত দিয়া হ'ল -
১) ভ্রস্তিকা প্রাণায়াম : পদ্মাসন বা সুখাসনত বহি লৈ ২ ৰ পৰা ৫ মিনিট সময় দীঘল দীঘল উশাহ লৈ এৰিব লাগে, ভাগৰি গ’লে কিছু ছেকেণ্ড জিৰণি ল’ব পাৰে।
২) কপালভাতি প্রাণায়াম : কপালভাতি দৈনিক ৫ৰ পৰা আধা ঘণ্টা পৰ্যন্ত কৰিব পৰা যায় । ইয়াক ধৰিত্রীৰ সঞ্জীৱনী বোলা হয়। পদ্মাসনত বহি ল'ব লাগে, পেটত জোৰ পৰাকে উশাহ লৈ নিশাহ এৰিব লাগে।
৩) অনুলোম–বিলোম প্রাণায়ামত পদ্মাসনত বহি লৈ নাকৰ এটা বিন্ধাৰে উশাহ লৈ দ্বিতীয় বিন্ধাৰে নিশ্বাস ত্যাগ কৰিব লাগে। পুনৰ নিশ্বাস লোৱা বিন্ধাৰে উশাহ লৈ দ্বিতীয় বিন্ধাৰে নিশ্বাস ত্যাগ কৰিব লাগে। স্নায়ু ৰোগ, উচ্চ ৰক্তচাপ, হূদ ৰোগী, চকুৰ সমস্যা, মানসিক অশান্তি আদিৰ বাবে এই প্রাণায়াম খুব উপকাৰী। এই প্রাণায়মটো দিনে ৫ ৰ পৰা ৩০ মিনিটলৈ কৰিব পাৰি।
৪) ভ্রামৰি প্রাণায়াম - যিকোনো ধৰণৰ মানসিক সমস্যাত ভ্ৰামৰি প্ৰাণায়াম কাৰ্যকৰী। হতাশা, মানসিক চাপ, স্মৃতি শক্তিৰ বাবে অতি লাভকাৰী প্রাণায়াম৷ পদ্মাসনত বহি লৈ চকুৰ ওপৰত হাত থৈ কাণৰ বিন্ধা বন্ধ কৰি পেটৰ পৰা ভোমোৰাৰ দৰে উচ্চাৰণ কৰিব লাগে।
৫) উদঘিত প্রাণায়াম - এই প্রাণায়ামটোত ‘ওম’ শব্দটো উচ্চাৰণ কৰিব লাগে৷ ই স্নায়বিক, মানসিক সমস্যা দূৰ কৰিবলৈ সহায় কৰে । মন শুদ্ধ কৰি তোলে।
এই পাঁচটা প্রাণায়াম দৈনিক কৰিলে মানুহৰ মন, বুদ্ধি, বিবেকৰ শক্তি, চিন্তা-চৰ্চা, স্মৃতি শক্তি প্রচুৰ পৰিমাণে বৃদ্ধি পায় আৰু মানসিক ভাবে সুস্থ হৈ পৰে।
পৃষ্ঠা ৪০
ভ্ৰমন কাহিনীঃ
মোৰ ভ্রমণ ডায়েৰী : ২০
পুভৰ (poovar)
শমীষ্ঠা বৰ্মন
নতুন দিল্লী
স্বামী বিবেকানন্দৰ স্মৃতিসৌধ চাই অহাৰ পিছদিনা পুৱা আমাক 'ড্রাইভাৰ'জনে এটি সুন্দৰ ঠাইলৈ লৈ গৈছিল ৷ সেই ঠাইৰ বিষয়ে 'মাদুৰাই'তে আমাৰ এওঁ আৰু মহাৰ সতে 'ড্রাইভাৰ'জনে আলোচনা কৰিছিল ৷ আমাক পিছে বিতংকৈ একো কোৱা নাছিল ৷ কেৱল ঠাইখনৰ নাম 'পুভৰ' বুলি কৈছিল ৷ আমাৰ কোনোৱে সেই ঠাইৰ বিষয়ে আগতে জনা নাছিলোঁ ৷ কোনোদিনে নুশুনা ঠাই কেনে বা হয় বুলি মনত অলপ হ'লেও সন্দেহো উপজিছিল ৷
'কন্যাকুমাৰী'ৰ পৰা 'পুভৰ'ৰ দূৰত্ব প্রায় ৬৯ কিঃ মিঃ ৷ প্রায় দুঘণ্টাৰ মূৰত আমি 'পুভৰ' গৈ পাইছিলোঁ ৷ সৰু এখন ঠাই , বিশেষ একো দেখা পোৱা নাছিলোঁ ৷ সৰু মুকলি জিৰণি ঘৰ এটাৰ নিচেই কাষেৰে জান এটা বৈ গৈছিল ৷ জিৰণি ঘৰটোত আমাক বহিবলৈ দিয়া হৈছিল ৷ আমাৰ কাৰণে দুখন নাও 'বুক' কৰা হৈছিল ৷ ঠিক তেনেতে দেউতাৰ ৰক্তচাপ উচ্চ হোৱা বাবে গা বৰ বেয়া হ'বলৈ ধৰিছিল ৷ আচলতে গাড়ীত উঠাৰ পাছৰ পৰাই দেউতাৰ গা বেয়া হৈ আছিল ৷ কিন্তু আমাৰ ভ্রমণৰ আনন্দত ব্যাঘ্যাত নহওঁক বুলিয়ে হয়তো সেই বিষয়ে আমাক অৱগত কৰোৱা নাছিল ৷ যেনে তেনে আমাক সঙ্গ দি আছিল ৷ কিন্তু 'পুভৰ' গৈ পোৱাৰ পাছত তেওঁ আৰু বেছি অভিনয় কৰিব নোৱাৰিলে ৷ আমাক নৌকা ভ্রমণৰ সুখ উপভোগ কৰিবলৈ যাবলৈ কৈ তেওঁ জিৰণি ঘৰটোতে কিছুপৰ জিৰাব বুলি কৈছিল ৷ দেউতাৰ লগত মায়ো থাকিবলগীয়া হৈছিল ৷ দেউতাই তলমূৰ হৈ বহি থকা দেখি আমাৰ বৰ বেয়া লাগিছিল , কিন্তু ইমান দূৰলৈ অহাৰ উদ্দেশ্য সফল নহ'লে কাৰো ভাল নালাগিব ৷ সেয়েহে আমি নৌকা ভ্রমণ কৰিবলৈ গুছি গৈছিলোঁ ৷ মা'ৰ কাৰণে বৰ বেয়া লাগিছিল ৷ সৰুৰেপৰাই তেওঁক কথাই কথাই ত্যাগ কৰি থকা দেখা পাই আহিছোঁ !
আমাৰ দলৰ সদস্যসকল দুভাগ হৈ দুখন নৌকাত উঠিছিলোঁ ৷ আমাৰ নাওকেইখনে প্রথমতে এখন জানৰ পৰা যাত্রা আৰম্ভ কৰিছিলোঁ ৷ জানখনৰ দুয়োকাষে বিভিন্ন হাবি-জঙ্গল , গছ-গছনি দেখিবলৈ পাইছিলোঁ ৷ মাজে মাজে ধুনীয়া ধুনীয়া ভিন্ন ভিন্ন প্রজাতিৰ চৰাই-চিৰিকটি দেখিবলৈ পাইছিলোঁ ৷ কিছুদূৰ আগবাঢ়ি যোৱাৰ পাছত জানখনৰ আকৃতি ডাঙৰ হৈ নদী এখনৰ ৰূপ লোৱা যেন লাগিছিল ৷ নাৱৰীয়া জনে সেইখন নায়াৰ ( Neyyar River ) নদী বুলি কৈছিল ৷ ক্ষন্তেকৰ ভিতৰতে প্রকাণ্ড নদীখনৰ পানীত নাওখনেৰে বিচৰণ কৰিবলৈ ধৰিছিলোঁ ৷ পুনৰ চৰাই-চিৰিকটিৰ লগত দেখিবলৈ পাইছিলোঁ , নাৰিকল গছ আদি দেখিবলৈ পাইছিলোঁ ৷ নৈৰ পাৰত কিছুমান Cottage দেখিবলৈ পাইছিলোঁ ৷ পানীৰ মাজত ডাঙৰ ডাঙৰ চপৰা-চপৰি শিল থিয় হৈ থকা দেখিবলৈ পাইছিলোঁ ৷ শিলবোৰ একো একোটা মূর্তিৰ দৰে থিয় হৈ আছিল ৷ এটা শিল হাতীৰ দৰে লাগিছিল ৷ পানীৰ মাজত Mother Marry ৰ মূর্তি এটাও দেখিবলৈ পাইছিলোঁ ৷
লাহে লাহে আগবাঢ়ি গৈ থাকোঁতে থাকোঁতে নায়াৰ নদীৰ পানীয়ে বিশাল ৰূপ ল'বলৈ ধৰিছিল ৷ ক্ষন্তেক সময়ৰ পাছত জানিব পাৰিছিলোঁ যে পানীৰ সেই বিশাল ৰূপটোৰ নাম আছিল আৰৱ সাগৰ ৷ অর্থাৎ জানৰ পানী গৈ নায়াৰ নদীত পৰিছেগৈ আৰু নায়াৰ নদীখন আৰৱ সাগৰত লগ লাগিছেগৈ ৷ নাওখনেৰে আহি আমি সোণালী বালিৰে ভৰা সুন্দৰ ঠাই এডোখৰত নামিছিলোঁ ৷ আৰৱ সাগৰৰ উত্তাল ঢৌবোৰে আমাৰ ভৰিবোৰ বাৰে বাৰে চুবলৈ আহিছিল ৷ উগ্র ঢৌবোৰ দেখি মাজে মাজে বৰ ভয়ো লাগিছিল ৷ হঠাৎ এটা উত্তাল ঢৌ আহি ছোৱালীজনীৰ চেণ্ডেল এপাট কিছুদূৰ উটুৱাই লৈ গৈছিল ৷ লগে লগে এওঁ জাপ এটা মাৰি চেণ্ডেলপাট থাপ্ মাৰি আনিছিল ৷
এয়েই Poovar Beach আৰু Backwaters , এক সুন্দৰ ৰমণীয় স্থান ৷ কেৰেলা আৰু তামিলনাডুৰ সীমাত অৱস্থিত 'পুভৰ' কেৰেলাৰ সীমাৰেখাৰ ভিতৰত অৱস্থিত ৷ বিখ্যাত Kovalam Beachৰ পৰা ইয়াৰ দূৰত্ব প্রায় ১২ কিঃমিঃ ৷ পৰিকল্পনাৰ বাহিৰত নভবাকৈ ইমান সুন্দৰ ৰমণীয় ঠাইলৈ আহিবলৈ পাই আমি আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ ৷ 'পুভৰ'ৰ মনোৰম দৃশ্যবোৰ চাই আমাৰ ভ্রমণ সার্থক হোৱা যেন লাগিছিল ৷
মাজে মাজে দেউতাৰ কথা মনত পৰিছিল ৷ তেওঁৰ দেহাৰ অৱস্থাৰ নিশ্চয় কিছু হ'লেও উন্নত হৈছিল বুলি মনতে ভাবি লৈছিলোঁ ৷ মা'ৰ বাবেও বেয়া লাগিছিল ৷ সুন্দৰ ঠাইখন চোৱাৰ পৰা তেওঁলোক দুয়োজনে বঞ্চিত হ'বলগীয়া হৈছিল ৷ কিছু সময় তাত কটাই আমি উভতি আহি দেউতাক সুস্থ অৱস্থাত পাই বৰ ভাল লাগিছিল ৷ তাৰপৰা আমি 'কন্যাকুমাৰী'ৰ Guest House লৈ উভতি আহিছিলোঁ ৷
পৃষ্ঠা ৪১
অনুভৱত এখন চিঠি ঃ
বিদেশত থকা ফেচবুক বান্ধৱীলৈ চিঠি ...
প্ৰতি,
মৰমৰ এঞ্জেলিনা,
মোৰ আন্তৰিকতাপূৰ্ণ মৰম তোমাক যাচিলোঁ। যোৱা ২৫ এপ্ৰিল তাৰিখে মই দিয়া চিঠিৰ প্ৰাপ্তি স্বীকাৰ কৰি উত্তৰ দিয়া চিঠিখন পঢ়ি আপ্লুত হ'লো। আমাৰ কৃষ্টি-সংস্কৃতিৰ লগতে ব'হাগ বিহুৰ সাত বিহুৰ কথা জানি তুমি বিশেষ ভাল লগা বুলি কোৱাত মই বৰকৈ সুখী হ'লো। এইবাৰ তুমি অসমৰ চাহ শিল্পৰ বিষয়ে জানিবলৈ মন কৰাৰ বাবে লিখিবলৈ লৈছোঁ।
অসম চাহৰ বাবে বিখ্যাত। ভাৰতৰ অধিক চাহ অসমতে উৎপাদন হয়। সেয়ে চাহক অসম চৰকাৰে ৰাজ্যিক পানীয় বুলি স্বীকৃতিও দিছে। চিংফৌৰ মানুহে চাহ গছক ফিনাফ্ বা ফনপে বুলি কৈছিল। চীনা ভাষাত চাহক থিয় নামে জনাজাত, কোনোৱে আকৌ চা বুলি কয়। তাৰ পৰাই ইংৰাজীত টি আৰু অসমীয়াত 'চাহ' শব্দ ওলাইছে। চাহৰ পৰিমাণ আৰু গুণ-মানৰ ক্ষেত্ৰত অসমৰ স্থান পৃথিৱীৰ ভিতৰতে শীৰ্ষত।
তুমি হয়তো জানা যে তৃতীয় খ্ৰীষ্টাব্দত চীনত চাহ আৱিষ্কৃত হয়। অসমত প্ৰথম চাহ খেতি কৰিছিল চিংফৌ গামে। ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজে অসমত থিতাপি লোৱাৰ পাছত চি. এ.ব্ৰুচ, মণিৰাম দেৱানক চিংফৌৰ বিচাগামে দুজোপা চাহ পুলি দিছিল। শদিয়াটো তেওঁলোকে চাহৰ সন্ধান পাইছিল। আগৰ দিনত মানুহে চাহপাত ঔষধ হিচাপে ব্যৱহাৰ কৰিছিল। অসমত চীন দেশৰ পৰা গৰ্ডন চাহাবে অনা চাহ গুটি ১৮৩৫ চনত ৰোৱা হয়। অসমৰ হাবিত চাহগছ থকা কথাটো ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচ চাহাবে প্ৰথমে আবিষ্কাৰ কৰে। ১৮৩৯ চনত ' আসাম কোম্পানী' নামৰ প্ৰথম চাহ কোম্পানীটো গঠন হয়। স্বাধীনোত্তৰ কালত ব্ৰিটিছ কোম্পানীবোৰে অসম এৰি যোৱাত ভাৰতীয় মানুহে ব্যক্তিগত ভাৱে বা কোম্পানী হিচাপে কিনি লয়।
ইয়াৰ পিছত ব্ৰিটিছ সকল চাহৰ বানিজ্যিক সম্ভাৱনা সম্পৰ্কে সজাগ হৈ উঠে। ক্ৰমে ক্ৰমে বৃদ্ধি পাই অহা বৰ্তমান অসমত সৰু-বৰ প্ৰায় ৫০,০০০ মান চাহ বাগিচা আছে। ভাৰতত উৎপাদিত মুঠ চাহৰ প্ৰায় ৫৫%ই অসমে উৎপাদন কৰে।
চাহ উদ্যোগে প্ৰায় ৮ লাখ মানুহক প্ৰত্যক্ষ ভাৱে আৰু প্ৰায় ১০ লাখ মানুহক কৰ্ম সংস্থাপন দিছে। চাহ উদ্যোগৰ পৰা অসমে বছৰি ১৭০০ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰে। চাহ বনুৱা সকল অসমৰ সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। অসমৰ সেউজীয়া চাহ বাগিচাবোৰ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ অন্যতম উৎস। বিশ্বৰ অতিমাৰী ক'ৰণা শেষ হ'লে, তুমি যদি আহাঁ মই তোমাক নিশ্চয় ফুৰাম।
আৰু এটা কথা, অসমৰ এই চাহ খেতিৰ কৃষি পদ্ধতি অতি গুৰুত্বপূৰ্ণ। চাহ গছৰ বাবে ওখ,এঢলীয়া মাটিৰ প্ৰয়োজন। বাগিচা পাতোঁতে প্ৰথমে মাটি চহাই ওখ ভেঁটি কৰি শাৰী শাৰীকৈ চাহ গছ ৰোৱা হয়। বাগিচাৰ মাজে মাজে দ-দীঘলীয়া খাল খান্দি দিয়া হয়, যাতে পানী পাই থাকিব কিন্তু পানী নৰয়। চাহ গছক ছাঁ দিবৰ বাবে ওখ ডাল-পাত যুক্ত, যেনে কৃষ্ণচূড়া, শিৰীষ গছ ৰোৱা হয়। এজোপা চাহ গছ চাৰি/পাঁচ বছৰত উৎপাদনক্ষম হয়। ইয়াক এটি কলি দুটি পাত হিচাপত ছিঙা হয়। চাহ খেতি নষ্ট নহ'বলৈ মাজে মাজে সাৰ প্ৰয়োগ কৰিব লাগে আৰু চাহ গছবোৰ দীঘল নহ'বলৈ সময়ে সময়ে কলম দিব লাগে।
এখন চাহ বাগিচা গাঁৱৰ দৰে। মালিক, কৰ্মচাৰী, বনুৱাৰে ভৰা বাগিচাত সকলোৰে দায়িত্ব আছে। আজিকালি বাগিচাৰ প্ৰায় কাম বিজ্ঞান সন্মত ভাৱে হয়। একোখন বাগিচাৰ মূল কথা চাৰিটা ---- কটা, চিঙা, ৰং উঠা আৰু পানী দিয়া।
চাহ শিল্পক ৰাজকীয় শিল্প বুলিও কোৱা হয়। অসমৰ উৰ্বৰ মাটিৰ চাহগছত ঔষধি গুণ থকাৰ বাবে চাহিদাও বেছি। আমাৰ অৰ্থনৈতিক দিশত চাহ শিল্পই অগ্ৰণী ভূমিকা লৈছে। পিছে এনে এটি গুৰুত্বপূৰ্ণ শিল্প বৰ্তমান বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। এই সমস্যাবোৰ সমাধানৰ বাবে চৰকাৰে উদ্যোগ লোৱাটো উচিত।
বহুত লিখিলোঁ। তুমি তোমাৰ দেশৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে মোলৈ লিখিবাচোন! সেই লেখা পঢ়িবলৈ পোৱাৰ আশাৰে আজিলৈ চিঠি সামৰিলোঁ। মোৰ মৰম আৰু শ্ৰদ্ধা তোমাৰ ঘৰৰ প্ৰতিজন সদস্যলৈ থাকিল।
ইতি
তোমাৰ মৰমৰ বান্ধৱী
জ্যোতিমণি শইকীয়া
দেৰগাঁও।
পৃষ্ঠা ৪২
গ্ৰন্থ পৰ্যালোচনাঃ
বকুল ফুলৰ দৰে
ৰিজুমণি নাথ
বোকাখাত
"বকুল ফুলৰ দৰে" মৃণাল কলিতাদেৱৰ এখন সংবেদনশীল উপন্যাস।বিশেষভাৱে কৈশোৰৰ মনস্তাত্বিক দিশটোক গভীৰ ভাৱে চুই যোৱা উপন্যাসখনে কম সময়ৰ ভিতৰতে পাঠকৰ আদৰ পাবলৈ সক্ষম হৈছে।
কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ গীতৰ আধাৰত নামাংকিত উপন্যাসখনৰ কাহিনীভাগৰ বিষয়বস্তু হৈছে এখন হাইস্কুল আৰু তাত অধ্যয়ন কৰা অসীম, নিৰ্মলকে ধৰি ছাত্ৰসকলৰ লগতে তেওঁলোকৰ শিক্ষক আৰু বিদ্যালয়ৰ শিক্ষাদান প্ৰণালী।উপন্যাসৰ কাহিনীভাগ আৰম্ভ হৈছে বছেৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা দিনাৰ পৰা। বিদ্যালয়ৰ এসময়ৰ মেধাৱী ছাত্র অসীমে কাণে কাণ মাৰি নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হয়। তাৰ এই ফলাফলে বিশেষভাৱে দুজনক হতাশ কৰি তোলে; এজন বিদ্যালয়ৰ গণিতৰ শিক্ষক মহেন্দ্ৰ মাষ্টৰ আৰু আনজন তাৰ বন্ধু নিৰ্মল।সুৰাপায়ী দেউতাকৰ পৰিয়ালটোৰ প্ৰতি অমনোযোগী মনোভাৱ আৰু আৰ্থিক অনাটনৰ বাবে অসীমে পঢ়া বাদ দি অৰ্থ উপাৰ্জনেৰে ঘৰখনক সকাহ দিবলৈ সিদ্ধান্ত লয়। শিলৰ কুৱেৰীত শিল ভঙা শ্ৰমিক হিচাপে কাম কৰি ঘৰ চলোৱাৰ দায়িত্ব গ্ৰহণ কৰে।কিন্তু বন্ধু নিৰ্মলে তাৰ এই কাম কেতিয়াও সমৰ্থন কৰিব পৰা নাছিল। সেয়ে অনেক বুজাই-বঢ়াই তাক পুনৰ স্কুললৈ আহিবলৈ বাধ্য কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেইদিনা শ্ৰেণীত ভাগৰত টোপনীয়াই থকা অসীমক মহেন্দ্ৰ মাষ্টৰে হাতত স্কেলেৰে খুব জোৰকৈ কোবায়। আগদিনা শিলে থেতেলা কৰা আঙুলিটোৰ পৰা টোপাটোপে তেজ ব'বলৈ আৰম্ভ কৰে। এইবাৰ শ্ৰেণীকোঠা এৰি গুচি যোৱা অসীমক আৰু কোনেও ঘূৰাই আনিব নোৱাৰিলে। শিলৰ কোৱাৰীৰ বিচিত্ৰ মানুহেৰে ভৰা জগতখনত সি নিজকে খাপ খুৱাই ল'বলৈ চেষ্টা কৰিলে, পঢ়া-শুনাৰ পৰা বহুযোজন আঁতৰি আহিল।কিন্তু নতুনকৈ বিদ্যালয়ত যোগদান কৰা অভিনৱ মাষ্টৰে যেন নতুন আশাৰ বতৰা কঢ়িয়াই আনিছিল নিৰ্মলৰ মনলৈ। নিৰ্মলে তেওঁক পাই হাততে সৰগ ঢুকি পালে। অসীমক বিদ্যালয়মুখী কৰাৰ প্ৰচেষ্টা পুনৰ আৰম্ভ হ'ল।অসুস্থ ঘৰুৱা পৰিবেশ আৰু দাৰিদ্ৰতাই জীৱন সংগ্ৰামত নামিবলৈ বাধ্য কৰা অসীমক স্বাভাৱিক জীৱনলৈ ঘূৰাই অনা ইমান সহজ নাছিল। কিন্তু এটা সৰু দুৰ্ঘটনা আৰু অভিনৱ মাষ্টৰৰ সমমৰ্মিতা তথা নিৰ্মলৰ অকৃত্ৰিম সাহচৰ্যই তাৰ হেৰোৱা আত্মবিশ্বাস ঘূৰাই আনিবলৈ সক্ষম হয়। অসীমে পুনৰ স্কুলত ভৰি থয়। জীৱনটোক নতুনকৈ চাবলৈ শিকা অসীমৰ আন্ধাৰেৰে আৱৰা মনটো পোহৰমুখী হয়। অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভেৰে পুনৰ নিজকে বিদ্যালয়ৰ "জুৱেল" বুলি মহেন্দ্ৰ মাষ্টৰে দিয়া নামটো সাৰ্থক কৰিবলৈ সক্ষম হয়।
কৈশোৰ কালৰ মানসিক অৱস্থাৰ ওপৰত ৰচিত অসমীয়া উপন্যাসৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা।এই দৃষ্টিকোণৰ পৰাও "বকুল ফুলৰ দৰে" এখন ব্যতিক্ৰমী উপন্যাস বুলি ক'ব পাৰি।
কৈশোৰ কালক "ধুমুহা আৰু পীড়নৰ সময়" বুলি কোৱা হয়। অসীমৰ মনৰ মাজত বলি থকা ধুমুহাজাকে সেই কথা পুনৰ ভবাই তোলে।সৰুতে বন্ধুৰ দৰে ব্যৱহাৰ কৰা মৰমীয়াল দেউতাক এজন সুৰাপায়ী তথা অৰ্কমণ্য ব্যক্তিলৈ হোৱা পৰিৱৰ্তনে তাৰ মনত চূড়ান্ত হতাশা আৰু ক্ষোভৰ সৃষ্টি কৰে। "নিজৰ বাপেকক অন্তৰেৰে শ্ৰদ্ধা কৰিব নোপোৱাটো সন্তানৰ বাবে এটা ডাঙৰ দুখ।"(পৃষ্ঠা-১৯)
মহেন্দ্ৰ মাষ্টৰ আৰু অভিনৱ মাষ্টৰে দুটা পৃথক শিক্ষাদান প্ৰক্ৰিয়াৰ প্ৰতিনিধিত্ব কৰে।এজনে কঠোৰ অনুশাসনেৰে শিক্ষাৰ্থীক আগবঢ়াই নিবলৈ বিচাৰে আৰু আনজনে বন্ধু, দাৰ্শনিক আৰু পথ-প্ৰদৰ্শকৰ ভূমিকাৰে তেওঁলোকৰ অন্তৰত সোমাব বিচাৰে। কিন্তু এই পুৰণি ধ্যান-ধাৰণা শিক্ষাৰ্থীৰ বাবে ক্ষতিকাৰক সেই কথা মহেন্দ্ৰ মাষ্টৰে শেষত উপলব্ধি কৰিবলৈ সক্ষম হয়।
প্ৰকৃত বন্ধুত্বৰ এক উজ্জ্বল নিদৰ্শন হৈছে নিৰ্মল। বন্ধুৰ প্ৰতি থকা নিৰ্মলৰ শুভাকাঙ্খা, নিস্বাৰ্থ আন্তৰিকতাই আমাক অভিভূত কৰি তোলে।
উপন্যাসৰ বিষয়বস্তু যেনেদৰে ব্যতিক্ৰমী , উপস্থাপনশৈলীও আকৰ্ষণীয়।বৰ্ণনাও সৰল আৰু মনপৰশা । কিছুমান মুহুৰ্তৰ জীৱন্ত বৰ্ণনাই অন্তৰ চুই যায়, কেতিয়াবা আবেগিক কৰি তোলে আৰু কেতিয়াবা কিছু কথা নতুনকৈ ভবাই তোলে।প্ৰতিটো চৰিত্ৰই বুকুত খাঁজ কাটি যায়।
প্ৰতিজন কিশোৰ-কিশোৰী, প্ৰতিজন পিতৃ-মাতৃ আৰু প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীয়ে "বকুল ফুলৰ দৰে" উপন্যাসখন এবাৰ হ'লেও পঢ়িব লাগে বুলি নিসন্দেহে ক'ব পাৰি। জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলাৰ, নিজকে নতুনকৈ আৱিষ্কাৰ কৰাৰ তথা পৃথিৱীখনক আৰু ইয়াৰ মানুহবোৰক নিস্বাৰ্থ ভাৱে ভাল পোৱাৰ অমোঘমন্ত্ৰ উপন্যাসখনৰ পাতে পাতে সিঁচৰতি হৈ আছে।
পৃষ্ঠা ৪৩
বৰ্ণৰ পদ্য
পবিত্ৰ গায়ন
মাজুলী
ক ই বোলে কৰ্মত নকৰিবা হেলা,
তেতিয়াহে কৰ্ম ফল হাতে হাতে পাবা ।
খ ই বোলে খৰকৈ লিখিবলৈ শিকা ,
তেতিয়াহে পৰীক্ষাত ভাল নম্বৰ পাবা ।
গ ই বোলে গৰু গাখীৰ খাবা তুমি ভাই ,
গাখীৰ খালে শৰীৰত বহু বল পাই ।
ঘ ই বোলে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিবা,
বেমাৰ আজাৰৰ পৰা তুমি বহু দূৰত থাকিবা ।
ঙ ই বোলে নঙলাডাল মাৰিবা সদায় ,
তেতিয়াহে বাৰীখনে সুৰক্ষা পায় ।
চ ই বোলে চহৰৰ চহৰীয়া ভাই ,
চহৰত একো বস্তু অভাৱেই নাই ।
ছ ই বোলে ছাগলীক মেলি তুমি নিদিবা,
বাৰীৰ তুমি ফুল-ফল একোকে নাপাবা ।
জ ই বোলে জাপিবোৰ বৰষুণত লাগে ,
টকৌ পাতে জাপি সাজে কোনেনো নাজানে ।
ঝ ই বোলে ঝাওঁ গছ চাপৰিত পাই ,
আজি কালি ঝাওঁ গছ দেখিবলৈয়ে নাই ।
ঞ ই বোলে জিঞাবোৰ নধৰিবা ভাই,
ধৰিলে জিঞাবোৰে বৰকৈ কষ্ট পাই ।
ট ই বোলে টকাখিনি ভালকৈ ৰাখিবা ,
পিছত হেৰালে কিন্তুু বিচাৰি নাপাবা ।
ঠ ই বোলে ঠগাখন কেনেকৈ সাজে,
দুচলা কাঠ দেখোন একে লগে আছে ।
ড ই বোলে ডবা বাদ্য সন্ধিয়া বজায়,
ডবাৰ সমান ডাঙৰ বাদ্য একোৱে নাই ।
ঢ ই বোলে ঢেকীবোৰ কলৈনো গ'ল,
আজি কালি ঢেকী দেখোন নাইকিয়াই হ'ল ।
ণ ই বোলে মই হ'লো পঞ্চদশ আখৰ,
মূৰ্দ্ধন্য বৰ্ণই বোলে মই ব্যঞ্জনবৰ্ণ পৰিয়ালৰ ।
ত ই বোলে তৰাবোৰ আকাশত ওলাই,
পশ্চিম আকাশত ধ্ৰুৱতৰা দেখিবলৈ পাই ।
থ ই বোলে থানাখন বহু দূৰত আছে,
থানাত বোলে অপৰাধীক বন্দী কৰি ৰাখে ।
দ ই বোলে দা খন সাৱধানে ৰাখিবা,
হঠাতে কাটিলে গমকে নাপাবা।
ধ ই বোলে ধাননিত পৰিছে চৰাই,
খেদিবলৈ টঙিঘৰ ৰাখিছে সজাই ।
ন ই বোলে নাঙলবোৰৰ কি দশা হ'ব,
টেক্টৰে মাটিবোৰ চহাই পেলাব ।
প ই বোলে পঢ়া শুনা ভালকৈ কৰিবা,
পঢ়া শুনা নকৰিলে সময়ত পষ্টাবা ।
ফ ই বোলে ফুলবোৰ মৰহিয়ে গ'ল,
কপৌ , ভাটৌ ফুলবোৰ বিলুপ্তিয়ে হ'ল ।
ব ই বোলে বাংলাদেশী অসমলৈ আহিছে,
অসমৰ জনগণক হাৰাশাস্তি কৰিছে ।
ভ ই বোলে ভাৰতবৰ্ষ আমাৰেই দেশ ,
জিলিকাব লাগিব এৰি ভেদাভেদ ।
ম ই বোলে মাতৃভূমিক সদাই সেৱা কৰিবা ,
শত্ৰু আহিব চাবা সাৱধানে থাকিবা ।
য ই বোলে যত্ন কৰিবা সদাই ,
যত্ন কৰিলেহে ৰত্ন পাই ।
ৰ ই বোলে ৰাস্তাত খেল নেখেলিবা,
গাড়ী-মটৰ আহিব বিপদত পৰিবা ।
ল ই বোলে লৰালৰি নকৰিবা ভাই ,
লৰালৰি কামৰ ফলত একো মিঠা নাই ।
ৱ ই বোলে সাৱধানে চলিবা সদায় ,
সাৱধানে চলিলে একো বিপদে নাপায় ।
শ ই বোলে শৰীৰটো যতনে ৰাখিবা ,
তেতিয়াহে সজ কৰ্ম কৰিব পাৰিবা ।
ষ ই বোলে ষাৰ গৰু যুজিবলৈ যায় ,
যুজিব নোৱাৰি সি প্ৰাণ লৈ পলাই ।
স ই বোলে সকলোকে সমান বুলি ভাৱিবা ,
তেতিয়াহে সকলোতে মিলিব পাৰিবা ।
হ ই বোলে হৰিনাম নেৰিবা সদায়,
হৰিনামৰ সমান আৰু একো বস্তু নাই ।
ক্ষ ই বোলে ক্ষমা গুণ যাৰ গাত নাথাকে ,
তেনেলোকে সমাজত মিলিব নোৱাৰে ।
পৃষ্ঠা ৪৪
গল্পঃ
জোনাদৈ
প্ৰণৱ ফুকন
নতুন দিল্লী
‘নিলাজটো কতা ৷ ক’তো নাক উলিয়াব নোৱাৰা কৰিলে ৷’ বগী বায়ে ভোৰভোৰাই কাৰোবাক গালি পাৰি পাৰি শইকীয়াৰ ঘৰৰ জপনাখন খুলিলে ৷ সদায়েই মাছকেইটা বেচি বায়ে শইকীয়াৰ ঘৰতে আহি জিৰণি লয় আৰু শইকীয়ানীয়ে দিয়া চাহৰ কাপত সশব্দে শোহা মাৰে ৷ বাইৰ লগতে শইকীয়ানীয়েও চাহ একাপ খাই পুৱাৰ পৰা চলি থকা শৰীৰৰ মেছিনটোক অকণমান জিৰণি দিয়ে ৷ শইকীয়া চাকৰিলৈ যাবলৈ ওলাই ফুল এজোপা হালি পৰা দেখি পোনাই-পাজৰাই আছিল; মানুহজনৰ ফুলৰ প্ৰতি বৰ মৰম ৷ এনেতে পদূলি মুখত বগী বাইৰ আবিৰ্ভাৱ; আবিৰ্ভাৱ বুলিয়েই ক'ব লাগিব কাৰণ বাই সদায় দুপৰীয়াহে আহে আৰু গোটেই চহৰখনৰ খবৰ লৈ আহে ৷ পাছে আজি মানুহজনী গা ধুই পৰিষ্কাৰ কাপোৰ এসাজ পিন্ধি পুৱাতেই আহিছে; বোধ হয় আজি বজাৰলৈ যোৱা নাই ৷ শইকীয়ানীয়ে বুজিলে আজি শেনৰ এজাত ৷
বগীকৈ মানুহজনী; গোটেই জীৱন মাছেই বেচিলে ৷ সৰু চহৰখনৰ এনে কোনো মানুহ নাই যাক বায়ে চিনি নাপায় ৷ বজাৰত বহিয়েই ইটো-সিটোৰ খবৰবোৰ পায় ৷ তাৰে বচা-বচা খবৰবোৰ শইকীয়ানীৰ আগত বখানেহি ৷ মানুহজনী পাছে বৰ মৰমীয়াল আৰু কাৰো প্ৰতি মনত কোনো কপটতা নাই ৷
গাভৰু কালত বৰ ধুনীয়া আছিল বোলে মানুহজনী আৰু মুহিৰাম বলিয়া হৈছিল তাইৰ কাৰণে ৷ বিয়াৰ পাছত এটা ল’ৰা হ’ল ৷ মুহিৰ ভতিজাক দ’তৰামে গৈ গোঁসাইক খবৰ দিলেগৈ ৷ গোঁসায়ে নিজেই নাম দিলে: হেমকান্ত ৷ দ্বিতীয় এটা সন্তানৰ কথা মুহিয়ে কওঁতে জোনা জাঙুৰ খাই উঠিল: ‘কি খুৱাবি ? মাছকেইটা বেচি কেইটা ল’ৰাক পঢ়ুৱাবি ?’ মুহি আচৰিত হ’ল, পঢ়াৰ কথা ক’ৰ পৰা আহিল আকৌ ? জোনা কিন্তু আকোঁৰগোজ; তাইৰ সোণ নামে-কামে হেম হ’ব লাগিব; সি মাছৰ কাম নকৰে ৷ জোনাদৈৰ দৃঢ়তাৰ ওচৰত মুহিৰামে হাৰ মানিলে; কিন্তু গাঁৱৰ মানুহে তাক তিৰোতা সেৰুৱা, মেখেলাভাৰী বুলি ক’বলৈ ধৰিলে ৷ কিন্তু জোনা দৃঢ়সংকল্প ৷ হেমৰ পাঁচ বছৰ হোৱাত মুহিক জোনাই আকৌ স্কুলৰ কথা ক’লে ৷ মুহি গৰ্গৰাই উঠিল: ‘ক’ৰ স্কুলডাললৈ পঠাব লাগে ?' নিৰ্বিকাৰ ভাৱে জোনাই ক’ল: ‘টাউনৰ ৷’ মুহিয়ে সৰগপৰা মানুহৰ দৰে ক’লে: 'হে, বলিয়া হৈছ নেকি ? ফুকলীয়া ল’ৰাটো দিনৌ নৈ পাৰ হৈ কেনেকৈ অহা-যোৱা কৰিব ?’ জোনাদৈ যেন সাজু হৈ আছিল উত্তৰ দিবলৈ: ‘কাইলৈৰ পৰা তই মাছ- পুঠিকেইটা আনি দিবি; বজাৰলৈ মই যাম ৷ ল’ৰাটোকো লগতে অনা-নিয়া কৰিম ৷ পুৱাতে ভাত ৰান্ধি থৈ যাম, চিন্তা নকৰিবি ৷ ৰূপহীও যাব মোৰ লগত; তাইৰ মানুহটো হাপানি বেমাৰী ৷’
এয়ে আৰম্ভনি জোনাদৈ- ৰূপহীৰ পৰা এসময়ত বগী বাই-কলী বাই হোৱাৰ ৷ পাঁচ বছৰ এল্পি স্কুলত পঢ়ি হেম হাইস্কুললৈ গ’ল আৰু ক’তো নোৰোৱাকৈ মেট্ৰিকৰ দেওনাখন পাৰ কৰিলে ৷ কিন্তু তাৰ পাচত পঢ়িবলৈ মান্তি নহ’ল ৷ ৰিজাৰ্ভৰ ফালে বোলে মাটি মোকলাই দিছে; তাৰে মাটি এডোখৰ লৈ খেতি কৰিব বুলি মাকক ক’লে ৷ তাৰ খেতি-খোলা থন ধৰি উঠিলত মাকে বিয়া পাতি দিলে ৷ ইফালে মুহিয়ে চকু মুদিলে ৷ সময়ত জোনাই নাতিৰ মুখ দেখিলে- ভুৱন, দিবাকৰ, ৰমাকান্ত ৷ ল’ৰাকেইটাক পঢ়া-শুনাৰ কাৰণে বুঢ়ীমাকে লগত ৰাখিলে ৷ নাতিকেইটায়ো আইতাকক দুখ নিদিলে; কিন্তু যিজনী মাকৰ মুখত পুতেক হেমৰ কথাৰ ওৰ নপৰিছিল, সেই মাকেই তাৰ কথা নোকোৱা হ’ল ৷ হেমই পুত্ৰৰ সকলো দায়িত্ব পালন কৰি গ’ল; তথাপি যেন মাকৰ মনত কিবা এটা দুখ! ভুৱনেও কলেজৰ দুশ্ৰেণীমান পঢ়ি ভাদৈ পাঁচ আলিৰ ফালে এখন স্কুলত মাষ্টৰ সোমাল ৷ দিবাকৰে যেনিবা টাউনতে ডাকঘৰত চাকৰি পালে ৷ ভুৱনৰো বিয়া বুঢ়ীমাকে পাতি দিলে ৷ দেখাত সকলো ঠিকেই আছে; তেন্তে বগী বাইৰ আজিৰ ভোৰভোৰণিৰ কাৰণ কি ?
দুশোহামান চাহ খাই বগীয়ে গহীণাই ক’লে: ‘আই, খবৰ এটা দিও বুলি আহিলোঁ ৷' এনেকৈ বায়ে কেতিয়াও কথা নকয়; শইকীয়ানী আচৰিত হৈ বাইৰ মুখলৈ চালে ৷ একেই গহীন ভাৱে বায়ে ক’লে: 'হেমই ল’ৰা এটা পালে ৷’ এই কথাটোত বায়ে কিয় বেয়া পাইছে বুজিব নোৱাৰি শইকীয়ানীয়ে ক’লে: ’এইটোতো বৰ ভাল খবৰ; তুমি বেয়া পাইছা কিয় ?’
জোনাৰ মুখত কিন্তু সেই একেই ভাৱ ৷ 'আই, মই আজিকালি হেমৰ কথা নকওঁ, দেখিছেই ৷ কিয় নোকোৱা হ’লোঁ আপোনাকে নালাগে কাকো কোৱা নাই ৷ আজি ক’ম বুলিয়েই আহিছোঁ ৷'
শইকীয়ানীৰ বুকুখন এক অজান শংকাত কঁপি উঠিল, কিজানি বায়ে কিবা ডাঙৰ কথা কৈ দিয়ে তেওঁৰ আগত ৷ জোনাই তলমূৰ কৰি কৈ গ’ল: 'সেই মোৰ লগত থকা হেমৰ ল’ৰা তিনিটাকতো আপুনি চিনি পায় ৷ পাছে সেই তিনিটাই নহয়, হেমৰ পেলেও-পেলেওকৈ এসোপা ল’ৰা-ছোৱালী ৷ তিনিটাৰ পাছত মই লগত নাৰাখিলোঁ; ভাৱিছিলোঁ সি বুজি পাব ৷ পাছে ফল নধৰিল ৷' এইবাৰ জোনাৰ মাতটো থোকাথুকি হ’ল: 'মই তাৰ কাৰণেই আৰু ল’ৰা-ছোৱালীৰ কথা নাভাৱিলোঁ আৰু সি….’
চকুৰ পানী ৰখাব নোৱাৰিলে বগীয়ে ৷ শইকীয়ানীয়ে কি ক’ব, কি কৰিব উৱাদিহ নাপাই থৰ লাগিল ৷ অলপ পাচত জোনাই যেন সম্বিত ঘূৰাই পালে, তেনেকৈয়ে দীঘলকৈ উশাহ লৈ আকৌ ক’লে: ‘তাতকৈও লাজৰ কথা কি জানেনে আই ? দুদিন আগতে নাতিনী বোৱাৰীজনীয়েও ল’ৰা এটা পালে ৷ বজাৰত সবেই নাতি আৰু আজোনাতিৰ কথা একেলগে সোধে ৷ মই ক’তো নাক উলিয়াব নোৱাৰা হৈছোঁ ৷ হেমই বাৰু মোক এনে দুখ দিব লাগেনে ? গোটেই জীৱন মানুহৰ উপলুঙা শুনিলোঁ, আই; এতিয়া আকৌ এইয়া!'
শইকীয়ানীয়ে একো নুবুজি বাইৰ ফালে চাই থাকিল ৷ তেওঁৰ প্ৰশ্নবোধক দৃষ্টিৰ উত্তৰতহে যেন জোনাই ক’লে: 'আমাৰ সমাজখনত গাৰ ছালখন চফা হ’লেও মানুহে বুবু-বাবা কৰে, আই ৷’ শইকীয়ানীৰ বুকুৰ ধপধপনি বাঢ়ি গ’ল; কি ক’ব খুজিছে বাৰু মানুহজনীয়ে ?
অলপ থমকি জোনাই আকৌ ক’লে: ‘বিয়াৰ পিচত মোৰ আইৰ হেনো বহুত দিনলৈকে কেঁচুৱা হোৱা নাছিল ৷ সেই সময়তে গোঁসাই এইফালে আহিছিল হেনো ৷ আই গৈছিল বোলে তেওঁৰ কাষলৈ উপায় বিচাৰি আৰু তাৰ ফলতে হেনো মোৰ জন্ম ৷ সেই কাৰণেই সদায় উপলুঙা শুনিলোঁ ৷ তাতে আকৌ মই ল’ৰা পাওঁতেও গোঁসায়ে নিজে ল’ৰাৰ নাম থলে ৷ কিমানৰ মুখ বন্ধ কৰিম, আই ? হেম জানিবা বাপেকৰ নিচিনাই কলীয়া হ’ল ৷ কিন্তু এতিয়া নাতি আৰু আযোনাতি একেলগে….৷ মই এতিয়া ক’লৈ যাওঁ ?'
বগীৰ মাতটো থোকাথুকি হৈছিল; শইকীয়ানী বগীৰ কাষতে বহি বগীৰ হাত দুটা খামুচি ধৰিলে ৷ অজানিতে বগীৰ মনত গোট খাই থকা দুখবোৰ যেন তেওঁৰ চকুৰে বাগৰি পৰিল ৷
পৃষ্ঠাঃ ৪৫
কথাগল্পঃ
প্ৰথম প্ৰেম
গীতাঞ্জলি শইকীয়া
গোলাঘাট
ঐ বহচোন বহ, আজি ইমান বছৰৰ পিছত তোক পাইছো অলপ মনৰ কথা পাতো বহ না..
কি...নো মনৰ কথা পাতিবি অ' এতিয়া আৰু সংসাৰৰ চৌষষ্ঠি জঞ্জালৰ মাজত নিজৰ মনটোৰ বুজ নিজেই ল'ব নোৱাৰো। মন চনবোৰ কিবা বেমেজালি হৈ পৰিছে |
ঐ মনা তই এনেকুৱা কেতিয়াৰ পৰা হ'লি ঐ ? তই মোক লগ পালে এৰিয়েই নিদিয়া মনাজনী চোন হেৰাই গ'লি ক'ৰবাত ! মানসৰ খবৰ কি ক'চোন, তই যে আগতে মোক তাৰ কথা পেৰি পেৰি ক'বলৈ পালে মোৰ আমনি লাগিলেও তোৰ হেঁপাহ নপলাইছিল ! মনত আছেনে ?"
হয় দেই তই যে নিস্বাৰ্থভাৱে মোৰ লগত
সময়বোৰ পাৰ কৰিছিলি !!
বাৰু সেইবোৰ বাদ দে দুৰ্দান্ত প্ৰেমিক দুটাৰ মানে তহঁতৰ সংসাৰৰ কথা কচোন মানে তইযে চৌষষ্ঠি জঞ্জালৰ কথা কৈছ !"
এতিয়া মানে সি আৰু সেই প্ৰেমিক মানস হৈ থকা নাই বুজিছ ল'ৰা -ছোৱালী , মা সকলোবোৰৰ দায়িত্ব ভাৰ ল'ব লগা হৈছে । দেউতা ঢুকুৱাৰ পৰা উপাৰ্জনৰ ৰাস্তাও বন্ধ হৈ গ'ল | সংসাৰ চলাবলৈ বহুত কষ্ট কৰিব লগা হৈছে আৰু ময়ো এতিয়া তাৰ চঞ্চলা প্ৰেমিকাৰ পৰা এজনী দায়িত্বশীল ঘৈনীলৈ পৰিবৰ্তন হৈছো | ঘৰখনৰ লগতে তাকো চম্ভালিব লগা হৈছে অ'...বাৰু বাদ দে মোৰ কথা , তই প্ৰেম বুজি নোপোৱা আঁকৰি জনীয়ে পিছে ৰিয়ানক কেনেকৈ বুজি পালি ? মই জনা মতে তইতো এতিয়া এজনী উচ্চ আৰক্ষী বিষয়ায়েই নহয় , এগৰাকী ভাল গৃহিনীও বোলে ।
চাকৰি হোৱাৰ পিছত ঘৰত টাৰ্গেট ল'লে বিয়া বোলে পাতিবই | মোৰো মাত নাইকিয়া হ'ল অজুহাত দেখুৱাবলৈ | লগৰ বোৰৰ কোলা হেনো কেঁচুৱাই শুৱনী কৰিলেহি, গতিকে চলিল আৰু যা যোগাৰ , অৱশেষত বিয়া হৈ গ'ল বৰ্তমান আমি সুখী প্ৰেমিক প্ৰেমিকা..
প্ৰেমিক প্ৰেমিকা ! তোৰ মুখত এনে শব্দ নে মোৰ শুনি হাঁহি হে উঠিছে ঐ |
নহয় অ' বিয়া হৈ যোৱাৰ পাছত মই কৰিব লগীয়া খিনি কৰি গৈছো মাত্ৰ |ন ঘৰৰ নতুন কথা যি কৈছে তাকে শুনিছোঁ | বিয়াৰ পিচত যে ঘৰলৈ নিবলৈ আহে ,দেউতাই মোক ঘৰলৈ নিবলৈ আহিছিল আমি দুয়ো গাড়ীৰ পিছৰ চিতত বহি গৈছো মই ঘৰলৈ যাম বহুত ফুৰ্টি আগ চিতত দেউতা | একো ক'বও নোৱাৰো তেনেকুৱাতে তেওঁ মোৰ হাতত খুউৱ জোৰেৰে ধৰি দিছিল, কিয় জানো মোৰ তেতিয়াই তেওঁক আনতকৈ অলপ বেলেগকে ভাল পাই পেলাইছিলো আৰু সেই মুহূৰ্তটি মই কেতিয়াও পাহৰিব পৰা নাই সেইয়াই চাগে মোৰ তেওঁৰ প্ৰতি প্ৰথম প্ৰেম ভালপোৱা | আজিলৈকে কাকো কোৱা নাই তোক নকৈ নোৱাৰো , কৈ কিন্তু লাজো লাগিছে দেই মানসক এইবোৰ নক'বি আকৌ..
হা হা হা তই বহুত সুখী ন
আছো আৰু বেয়া লগা নাই এতিয়ালৈকে |
পৃষ্ঠাঃ ৪৬
চৰচত্তী ম’ম
নীলাক্ষি কাকতি
গুৱাহাটী
এইকেইদিন গুণকান্ত হাজৰিকাৰ ঘৰত সাংঘাটিক ব্যস্ততা ৷ ৰাতিপুৱাৰ পৰা ৰাতিলৈ ঘৰৰ গোটেই ৰুটিনখনেই সলনি হৈ গৈছে৷ মানে ধৰক ব্ৰেকফাষ্ট গুচি ব্ৰেকফাষ্টৰ ব্ৰেকফাষ্ট আৰু লাঞ্চ মিলাই ব্ৰাঞ্চ হৈছে৷ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দিনত এবাৰ হ’লেও হাজৰিকাই হেতা, কেৰাহী চুব লগা হৈছে৷ কিয়নো হাজৰিকানীয়ে এইকেইদিন জীয়েক ৰিমলীৰ লগত প্ৰায়ে বজাৰলৈ নাইবা পাৰ্লাৰলৈ যাব লগা হৈছে৷ এইকেইদিন আনকি ব্যস্ততাৰ বাবে হাজৰিকানীয়ে তেওঁৰ টিভিত পচনৰ চিৰিয়েল কেইখনো চোৱা নাই ৷ ৰ’ব আপোনালোকে যদি ভাবিছে ৰিমলীৰ বিয়া বুলি, এশ শতাংশই ভুল ভাবিছে৷ এই গোটেইখিনি ব্যস্ততাৰ আঁৰত আছে বিশেষ এটি দিন ৷ মানে দুদিন পিছত সৰস্বতী পূজা৷
হাজৰিকাৰ জীয়ৰী ৰিমলীয়ে এইবাৰ কলেজত নাম ভৰ্তি কৰিছে।৷ কলেজত তাইৰ এইবাৰ প্ৰথম সৰস্বতী পূজা৷ মিছনেৰী স্কুলত পঢ়া ৰিমলীয়ে সৰস্বতী পূজাৰ পৰিৱেশটো ভালদৰে পোৱা নাই ৷ কিয়নো সিহঁতৰ স্কুলত সৰস্বতী পূজা নাপাতিছিল ৷ সেয়েহে এইবাৰ তাইৰ উৎসাহ পাৰ ভাঙি গৈছে ৷ হাজৰিকানীৰ উৎসাহৰ কাৰণ অৱশ্যে বেলেগ৷ আজিকালি সৰস্বতী পূজা মানেই এক অঘোষিত সৌন্দৰ্য প্ৰতিযোগিতা৷ তাতে আকৌ দহ পোন্ধৰ দিন আগৰ পৰাই ছোৱালীবিলাকৰ তৎ নাইকিয়া কৰি দিয়ে নিউজ চেনেল কেইটাই ৷ যোৱা বছৰ হাজৰিকানীৰ দূৰ সম্পৰ্কীয় পেহীয়েকৰ জীয়েক পম্পীয়ে নিউজ চেনেল এটাই পতা ‘প্ৰজ্ঞা আৰু সুন্দৰী’ প্ৰতিযোগিতাত তৃতীয় হৈছিল৷ গতিকে হাজৰিকানীয়ে এইবাৰ যেনেতেনে ৰিমলীক সৌন্দৰ্য প্ৰতিযোগিতাত জিকোৱাৰ মন থিৰাং কৰিছে৷ যিয়েই নহওঁক পম্পীতকৈ ৰিমলী কোনো গুণেই কম নহয় ৷ আজিও দুয়ো মাক জীয়েক বজাৰলৈ ওলাই গৈছে ৷ হাজৰিকাই বাৰণ্ডাৰ চকীখনতে বহি কলমটীয়াই আছে৷
: অ' তহঁত আহি পালি ? ৰিমলীৰ ভাগৰুৱা মুখখনৰ ফালে চাই হাজৰিকাই সুধিলে৷
:পালোহি দেউতা৷
:হেৰা বৰ দেৰি কৰিলা দেখোন !
: নক’বা আৰু ৷ এইৰ পচন্দৰ চেণ্ডেল বিচাৰোঁতে বিচাৰোঁতে দেৰি হ’ল ৷ উফ্ পানী এগিলাচ দিয়াচোন৷
:এয়া লোৱা পানী ৷ চাওঁ ৰিমলী কি কিনিলি ?
ৰিমলীয়ে দেউতাকক চেণ্ডেলযোৰ দেখুৱালে৷
:হে হৰি ! তই এইযোৰ কি কিনিলি ? এইযোৰচোন জখলা ৷ তই এইযোৰ পিন্ধি কেনেকৈ খোজ কাঢ়িবি ?
:দেউতা প্লিজ ৷ কি কৈ থাকানো ?
:হেই এইজন! মনে মনে থাকাচোন৷ তুমি কিবা আজিৰ যুগৰ ফেশ্বন বুজি পোৱা নেকি ? ভকুৰা পৰা এন্দুৰটোৰ দৰে হৈ থাকা নিজে ৷ মহিলা সমিতিৰ মোৰ লগৰ কেইজনীৰ ওচৰত মই কিমান লাজ পাওঁ মইহে জানোঁ ৷ মুখৰ আগত ক’ব সাহ নাপালেও তোমাৰ পিছত যে চবে ফিচিঙা ফিচিঙি কৰে এবাৰ ভাৱি চাইচানে ? কিমান লাজ পাওঁ মইহে জানোঁ ৷
:হেৰা মোৰ কথা বাৰু এৰা ৷ তাই পূজা কৰিবলৈহে যাব ৷ আমাৰ দিনত আমি আগদিনাৰ পৰাই পূজাৰ কামত ব্যস্ত আছিলোঁ ৷ ৰাতিপুৱাই গা পা ধুই
:হেৰ’ কিহে পাইছে বাৰু মানুহটোক ? আৰম্ভ হৈ গ’ল ন তোমাৰ ? মহাভাৰতখন এৰা ৷ ‘নিউ লেডিজ টেইলৰিং’খনলৈ যোৱা আৰু ৰিমলীৰ নতুন শাৰীখনৰ চিলাব দিয়া ব্লাউজটো লৈ আনাগৈ ৷ হুঁ লোৱা এইখন ৰচিদ৷
০০০
:টিং টং….
কলিংবেলটোৰ মাত শুনি হাজৰিকাই ড্ৰয়িংৰুমৰ দৰ্জাখন খুলি চালে ৷ কাণত কাণফুলি, খলপা খলপিকৈ কটা চুলি, আঁঠুৰ ওচৰত কটা জীঞ্চেৰে ল’ৰা এজন ৰৈ আছে৷
:কাক বিচাৰিছা ?
:ৰিমলী আছেনে ?
:ৰিমলী ? আছে ৷ পিছে তাইক কিয় বিচাৰিছা ?
:মানে-মানে আংকল ৷ আমি একে কলেজতে পঢ়োঁ ৷ তাইক পিক আপ কৰিবলৈ আহিছোঁ৷
:পিক আপ কৰিবলৈ আহিছা ? কিয় তাই নিজে যাব নোৱাৰে নেকি ?
:অ চেমী আহিছা ৷ আহাঁ আহাঁ ৷ তাইৰ হৈছেই ৷ হেৰা তুমি ল’ৰাটোক ভিতৰলৈ আহিবও ক’ব পৰা নাইনে ? ভিতৰৰ পৰা হাতখন মচি মচি হাজৰিকানীয়ে মাত লগালে৷
:অ বহাঁ বহাঁ ৷ তোমাৰ নামটো কি আছিল ? মা-দেউতা ? ক’ত থাকা ?
:মোৰ নাম সীমান্ত শইকীয়া৷ দেউতাই ঠিকা কৰে ৷ বৰুৱা চুবুৰীৰ জগত ঠিকাদাৰ বুলি ক’লে দেউতাক সকলোৱে চিনি পায় ৷ মোক বন্ধুবোৰে চেমী বুলি মাতে৷
:হেৰা তোমাৰ নামটো ঠিকেই আছিল দেখোন ৷ এই চেমী টেমী...!
:হেৰা তুমিনো কি কিছুমান কথা কৈ থাকা ? হেঃ হেঃ বেয়া নাপাবা চেমী। আংকুল মানে অলপ ধেমেলীয়া ৷
:নাই আন্টি মই বুজিছোঁ৷
:অ' মা মোৰ হ’ল ভিতৰৰ পৰা আহি ৰিমলীয়ে মাত লগালে৷
:অ' ৰিমলী তোমালৈকে ৰৈ আছোঁ ৷ চেমী আৰু ৰিমলীৰ চকুৰ ইংগিতটো হাজৰিকাৰ চকুত ধৰা নপৰাকৈ নাথাকিল৷
:তোক দেখুন কিবা বেলেগ বেলেগ লাগিছে ? চুলিসোপা কিয় মেলি লৈছ ? পিঠিৰ ফালে এক আঙুল মান কাপোৰ থকা ব্লাউজটোৰ ফালে চাই চাই হাজৰীকাই ক’লে৷
:দেউতা প্লিজ ৷ নট দিজ টাইম ৷ মা দেউতাই কি কৈ থাকে এইবোৰ ?
:হেৰা তুমি মনে মনে থাকাচোন ৷ সিহঁতক যাব দিয়া ৷ তোমাৰ সেই আগৰ দিন নাই বুজিছা ৷
:বাই আংকল বাই আণ্টী ৷
:মা দেউতা আহিছোঁ ৷
চেমীৰ কান্ধত হাতখন থৈ দুয়োজনৰ মাজত বতাহ অকণো পাৰ হৈ যাব নোৱাৰা দূৰত্বত বহি যোৱা জীয়েকৰ ফালে চাই হাজৰিকাই হুমুনিয়াহ এটা কাঢ়িলে৷
০০০
:মা মা জানা আজি নিউজ চেনেলৰ ৰিপোৰ্টাৰ আহিছিল আমাৰ কলেজত ৷ মোকো কিবা কিবি শুধিছিল৷
:সচাঁ ? কিমান যে ভাল লাগিছে শুনি ৷
:ইভিনিং নিউজত দেখুৱাব বোলে৷
:হওক দে ৷ এইবাৰ তই প্ৰতিযোগিতাত জিকিলেই হ’ল।৷ তই জিকিলে মই মহিলা সমিতিৰ মানুহকেইজনীক ডাঙৰকৈ পাৰ্টি এটা দিম ৷ ইহ্ পম্পী কি জিকিল!দিপীকাৰ(পম্পীৰ মাক)ভেমেই নুগুচা হ’ল ৷ এইবাৰ তই জিকিলে মই তাইৰ ওচৰত দুগুণ ভেম দেখুৱাম ৷
:মই জিকিমেই মা ৷
০০০
:হেৰা ৰিম’টতো দিয়াচোন৷
:কিয় ?
:আজি ভাৰত আৰু নিউজিলেণ্ডৰ খেল আছে ৷ অলপ স্ক’ৰটো চাওঁ ৷
:ৰ’বাহে ৷ নোপোৱা এতিয়া ৷ আমাৰ মাজনীক আজি টিভিত দেখিবা ৷
:কিয় ওলাব তাই টিভিত ?
:চাই থাকা নিজে গম পাবা ৷
দহমিনিটমান পিছত ‘নিউজ ২৪ ঘণ্টা’ নামৰ চেনেলটোত বাতৰি আৰম্ভ হ’ল ৷ সৰস্বতী পূজাৰ বাতৰি আৰম্ভণিতে দিছে ৷ পূজাৰ প্ৰতিমা কম সাজি কাচি অহা গাভৰুবিলাকক দেখুওৱা কামটো বেছি হৈছে ৷
:সেয়া সেয়া আমাৰ ৰিমলী ৷
পিছে এয়া কি ? সাংবাদিকজনে ৰিমলীসহ কেইগৰাকীমান ছোৱালীক প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছে ৷
:কোৱাচোন ভন্টি সৰস্বতী পূজাৰ বিষয়ে তুমি কি ক’বা ?
:মানে মানে মই ক’ব নোৱাৰিম৷
:তুমি কোৱাচোন ৷ সৰস্বতীৰ বাহন কি ? আন এজনীলৈ প্ৰশ্ন ৷
:বাহন ! বাঘ অ' নহয় ডগ ৷ এ মই পাহৰিলোঁ ৷
:তুমি কোৱাচোন সৰস্বতীৰ স্বামী কোন আছিল ?
:গণেশ এজনীয়ে তপৰাই উত্তৰ দিলে ৷
:বাৰু ভণ্টী তুমি সৰস্বতী পুজাৰ বিষয়ে কিবা কোৱাচোন এইবাৰ সাংবাদিকজনে ৰিমলীক সুধিলে ৷
:অহ্ মানে মই অসমীয়া গডেচৰ বিষয়ে বেছি নাজানোঁ ৷ অকণমান কৈছোঁ বাৰু ৷ চৰচত্তী মা এজনী গডেচ ৷ মা মানে ম’ম ৷ তাই আমাৰ পঢ়াৰ দেৱী ৷ দুৰ্গা পূজাত চৰচত্তী মাক দুৰ্গা মাৰ কাষত থিয় কৰি ৰখা হয় ৷ চৰচত্তীৰ লগত এটা ডাক মানে হাঁহ থাকে।৷ পাতিহাঁহো হ’ব পাৰে ৷
:বাৰু সৰস্বতী পূজা বুলি তুমি কি কি কৰিছা ?
:মোৰ মানে এয়া ওৱান মান্থ প্ৰিপেয়াৰেচন ৷ এইটো আমাৰ ট্ৰেডিচেনল ডে ন ৷ শাৰীখন নতুনকৈ ল’লোঁ ৷ বাকী মই মেটচিং জুৱেলাৰী আৰু ইয়েৰিং নিজে মেনেজ কৰিছোঁ ৷
:ঠিক আছে বাৰু ৷
সাংবাদিকজনে আকৌ আৰম্ভ কৰিছে, “চাওক চাওক ৷ এইয়া জ্ঞানৰ নমুনা আমাৰ নতুন প্ৰজন্মৰ ৷ পূজালৈ আহি সৰস্বতী মাৰ বিষয়ে একো নজনা এইসকল উঠি অহা প্ৰজন্মৰ ওপৰত আমি কি আশা কৰিম ?
:অ' মা ৰিপোৰ্টাৰ জনে এয়া কি কৈ আছে ? মই ভুল ক’লো নেকি ? ৰিমলীয়ে কন্দনামুৱা হৈ মাকক সুধিলে৷
:হেৰা মোৰ মূৰটো বেয়া লাগিছে ৷ টিভিটো বন্ধ কৰি দিয়াচোন হাজৰিকানীয়ে ওলাই অহা চকুপানীখিনি মোহাৰি হাজৰিকাক ক’লে৷
ooo
:হেৰা শুলা নেকি ? -হাজৰিকাই বিছনাত বাগৰ দি বেৰৰ ফালে মুখ কৰি শুই থকা ঘৈণীয়েকক উদ্দেশ্যি ক’লে৷
:নাই শুৱা ৷
:কথা এটা কওঁ৷
:কোৱা৷
:আমাৰ মাজনী দেখিবলৈ ভালেই ৷ তাইক এইবাৰ অলপ পূজা-পাতল, দেৱ দেৱীৰ বিষয়েও শিকাবাচোন৷ কিজানিবা অহাবাৰলৈ সাংবাদিকে সুধিলে শুদ্ধকৈ ক’ব পাৰেই বা ...!
পৃষ্ঠা ৪৭
ৰূপান্তৰ
অৰ্চন শৰ্মা
নিশা সাত বাজিছে, চহৰৰ বাট-পথবোৰ শূণ্য, সন্ধ্যা নামি অহাৰ লগে লগে মৰিশালি সদৃশ হৈ পৰিছে চহৰখন । চাৰিওফালে নিমাওমাও পৰিৱেশ । চহৰৰ অতন্দ্ৰ প্ৰহৰী কুকুৰ কেইটাৰ ভুক-ভুকনিবোৰ চিৰদিনলৈ স্তব্ধ হৈ পৰিছে, চহৰখনত এতিয়া এটাও কুকুৰ জীৱিত অৱস্থাত নাই ।
বেগটো জোৰেৰে খামুচি ধৰি বেগাই খোজ কেইটা দিবলৈ চেষ্টা কৰিলে তাই । সমগ্ৰ চহৰখনতে যেন মৃত্যুৰ ছায়া বিৰাজ কৰিছে ।
: বাইদেউ ৰৈ দিয়ক ! অ' বাইদেউ !
পাছফালৰ পৰা কোনোবাই ৰিঙিয়াই মতা শুনি ঘূৰি চালে তাই । আগন্তুকজন খৰ খোজেৰে আগবাঢ়ি আহিল, পিন্ধনত খাকী পোছাক ।
বয়স হয়তো বত্ৰিশ তেত্ৰিছৰ ওচৰা ওচৰি ।
"ৰঞ্জন চলিহা" নেম প্লেটত লিখা আখৰ কেইটাই আগন্তুকৰ পৰিচয় দাঙি ধৰিছে ।
:এনেকুৱা বেয়া সময়ত অকলে অকলে ঘূৰি ফুৰাটো মুঠেই ভাল কথা হোৱা নাই মেদাম ।
পুলিছি কাইদাৰে কৈ উঠিল
ৰঞ্জনে ।
:ছৰী, ছাৰ, মই নতুনকৈ আহিছোঁ এইখন ঠাইলৈ ।
আহোঁতে গাড়ীৰ অকন সমস্যা হ'ল সেইবাবে,,
অপৰাধীৰ দৰে তলমূৰকৈ কৈ উঠিল তাই ।
ৰঞ্জনে তেতিয়াহে অনুভৱ কৰিলে যে তাৰ মাতষাৰ প্ৰয়োজনতকৈ বেছি টানকৈয়ে ওলাল । অচিনাকি অসহায় ছোৱালী এজনীক এনেকৈ ক'ব নালাগিছিল ।
:ক'লৈ যাব আপুনি ?
ছোৱাইজনীক মূৰৰ পৰা ভৰিলৈকে নিৰীক্ষণ কৰি পুনৰ সুধিলে ৰঞ্জনে তাৰ মাতষাৰ এইবাৰ পূৰ্বৰ তুলনাত যথেষ্ট কোমল ।
:বেছি দূৰ নাই আৰু, পামগৈয়ে আৰু ।
তাই এতিয়াও তাৰ ফালে মূৰ তুলি চোৱাই নাই ।
:বলক মই আপোনাক আগবঢ়াই থৈ আহোঁ ।
ৰঞ্জনৰ কথাষাৰত সন্মতি জনালে তাই ।
জনশূন্য পথটোৰে দুয়ো আগবাঢ়িল ।
: বেয়া নাপায় যদি কথা এটা সুধিব পাৰোঁনে ছাৰ ?
:নিশ্চয় সুধিব পাৰে, কিন্তু মোক ছাৰ নুবুলি ৰঞ্জন বুলিলেই হ'ব ।
ৰঞ্জনৰ কথাত আশ্বস্ত হ'ল তাই ।
: এইযে আপুনি ইমান ৰাতি ডিউটি কৰি আছে, তাকো অকলে । আপোনাৰ বাঘলৈ ভয় নালাগেনে ?
তাইৰ প্ৰশ্নটো শুনি মিচিকিয়াই হাঁহিলে ৰঞ্জনে ।
:মেদাম, পাব্লিকক সুৰক্ষা দিয়াই আমাৰ ডিউটি আৰু কিবা প্ৰব্লেম হ'লে হাথিয়াৰ
চলোৱাৰ ট্ৰেইনিং আছেই গতিকে চিন্তা নাই ।
মুখেৰে সেইদৰে ক'লেও বুকুখন সামান্য কঁপি উঠিল তাৰ । চি চি টিভিৰ কেমেৰাত বন্দী হোৱা সেই ভয়ংকৰ দৃশ্য দেখিছে সি । নৰখাদকটোৱে কেনেকৈ চকুৰ পচাৰতে টুকুৰা-টুকুৰ কৰি পেলাইছিল দুজন মানুহক । নৰখাদকটো ৰাতিৰ আন্ধাৰৰ মাজত এনেকৈ মিলি যায় যে কোনো শুংসূত্ৰই পোৱা নাযায় তাৰ । যোৱা দুমাহত পাঁচজন মানুহ তাৰ চিকাৰ হৈছে ।
ৰাতি হোৱাৰ লগে লগেই অজান আশংকাত দিন কটাবলগীয়া হয় চহৰৰ সকলো বাসিন্দাই। আজি কাৰ জীৱন যাব, কোন হ'ব চিকাৰ ? ৰাতিৰ চাদৰখন নামি অহাৰ লগে লগে চহৰৰ সকলো বাসিন্দাৰ চকুৰ টোপনি হৰি নিয়ে নৰখাদকৰ দুঃচিন্তাই ।
:ইয়াত বাৰু বাঘ আগতেও ওলাই নে ছাৰ ?
কথাতো সুধিয়ে জিভাখন কামুৰি দিলে তাই, অলপ আগতে ৰঞ্জনে তাইক ছাৰ বুলি মাতিবলৈ মানা কৰাৰ কথাটো মনত পৰি গ'ল ।
তাইৰ মুখখন আপেলৰ দৰে ৰঙা পৰি যোৱাটো ৰঞ্জনৰ চকুত নপৰিল, ঠাইখন সামান্য আন্ধাৰ, তিনিটা ষ্ট্ৰীট লাইটৰ দুটাহে কাৰ্য্যক্ষম অৱস্থাত আছে বৰ্তমান ।
:হাঁ, কি কৈছিল আপুনি ?
বাস্তৱ জগতলৈ ঘূৰি আহিল ৰঞ্জন, তাইৰ সান্নিধ্যই তাক বাঘৰ কথাও পাহৰাই পেলাইছে, তাৰ দৰে এজন পুলিচ অফিচাৰৰ জীৱনত এনেকুৱা নাৰীৰ সান্নিধ্যহে নালাগে দৰ্শন পোৱাটোও ডাঙৰ কথা ।
:মানে মই সুধিছিলোঁ, ইয়াত আগতেও বাঘ ওলাইনে ?
পুনৰ সুধিলে তাই ।
:ওলাই কেতিয়াবা, কিন্তু তেনেকৈ নহয় আৰু নৰখাদকৰ ঘটনা এয়ে প্ৰথম, আঁতৰি দিয়ক!
তাইক সাবটি ধৰি পথৰ কাষলৈ জঁপিয়াই দিলে সি, পথৰ একাষে বাগৰি পৰিল দুয়ো, লগে লগে ঢেকিয়াপতীয়াৰ প্ৰচণ্ড গর্জনে কঁপাই তুলিলে ধৰণী, সিহঁতৰ পৰা প্ৰায় ছয়ফুট দূৰত পৰিলগৈ বাঘটো আৰু এক মুহূৰ্তও পলম হোৱা হ'লেই সিহঁতৰ মৃত্যু নিশ্চিত আছিল । আন্ধাৰতো ট ট কৈ জিলিকি আছে তাৰ দুচকু, বুকু কঁপি উঠা গর্জন, প্ৰকাণ্ড শৰীৰ, ৰঞ্জনে জীৱনত প্ৰথমবাৰৰ বাবে সাক্ষাৎ মৃত্যুক ইমান কাষৰ পৰা দেখিছে । তাক হত্যা নকৰিলে সিহঁতৰ মৃত্যু নিশ্চিত, আগপিছ নুগুনি তড়িৎ গতিৰে চাৰ্ভিছ ৰিভলভাৰটো উলিয়াই নৰখাদকটোলৈ লক্ষ্য কৰি গুলী এৰিলে ৰঞ্জনে!
শেষবাৰৰ বাবে আকাশ পাতাল ভেদি গুজৰণি এটা মাৰি ঢলি পৰিল নৰখাদকটো!
দীঘলকৈ উশাহ এটা ললে ৰঞ্জনে, তাৰ কপালত ঘামৰ টোপাল বিৰিঙি উঠিছে, জীৱন মৰণৰ যুঁজখনে ভাগৰুৱা কৰি পেলালে তাক ।
:মিছ, আৰ য়ু অকে ?
এইবাৰ হে তাৰ সম্বিত ঘূৰি আহিল যে তাৰ সৈতে এগৰাকী যুৱতীও আছে, আত্মৰক্ষাৰ সময়ত সকলো কথা পাহৰি যোৱা হয়তো প্ৰত্যেক প্ৰাণীৰে দস্তুৰ! সি তাইৰ ফালে চালে, বান্ধি ৰখা চুলি কোচা খুলি পৰিছে, কাপোৰবোৰো অবিন্যস্ত হৈ পৰিছে, তলমূৰকৈ বহি আছে তাই, মুখৰ মাত এষাৰো নাই, হয়তো বেচেৰীয়ে সাংঘাতিক শ্বক পাইছে ।
:মিছ, উঠক, এতিয়া ভয় কৰিব লগীয়া একো নাই, সৌৱা চাওক বাঘটো পৰি আছে, এতিয়ালৈকে মৰিল চাগে!
ৰঞ্জনে হেঁচুকী দিলে তাইক ।
:সি মৰিল ? এৰা, মৰিবই লাগে, মোৰ চিকাৰত চকু দিছিল সি।
মুখৰ ভিতৰতে কথাষাৰ কৈ উঠিল তাই।
:চিকাৰ, কি চিকাৰ, কি কৈ আছে আপুনি ?
ৰঞ্জনে অবাক হৈ সুধিলে।
তাই লাহেকৈ ৰঞ্জনৰ ফালে চালে ।
:বুজা নাই ?
:ওহোঁ, নাই বুজা, হয়তো আপুনি এতিয়াও শ্বকত আছে, উঠক ঘৰলৈ বলক!
:শ্বক, মই নহয় আপুনিহে হ'ব, আপুনি ভুল বাঘক গুলীয়াই মাৰিলে, এইটো মেইন কালপ্ৰীত নহয়, ই এটা সাধাৰণ বাঘহে আছিল ।
ৰঞ্জনে অবাক হৈ তাইৰ ফালে চালে, মুখমণ্ডল আঁৰ কৰি ৰখা চুলি কেইডাল আঁতৰাই দিলে তাই ।
:আ ,আপুনি, কোন ?
তাইৰ চকু দুটা জিলিকি উঠিছে, বাঘৰ দৰে জিলিকিছে আন্ধাৰত, মুখমণ্ডলৰ আঁচবোৰ প্ৰকট হৈ পৰিছে, হাত দুখনে লাহে লাহে হাতোৰাৰ ৰূপ লৈছে । ৰঞ্জনৰ শৰীৰৰ সমস্ত তেজ যেন মুহূৰ্ততে পানী হৈ পৰিল । তাইৰ হাঁহি থকা দাঁত কেইটা তীক্ষ্ণ হৈ ওলাই আহিছে, দীঘলকৈ উশাহ এটা ললে তাই, ৰঞ্জনৰ ডেকা শৰীৰৰ তেজৰ ঘ্ৰাণটো উজাই লৈ পিয়াহত আতুৰ বাঘিনীজনীৰ দৰে এখোজ দুখোজকৈ তাই আগুৱাই গ'ল, তাইৰ আজি নিশাৰ চিকাৰটোৰ দিশে!
পৃষ্ঠা ৪৮
আৰ্ট গেলাৰীঃ
ক/
মিতালী দেৱী
দশম শ্ৰেণী
বৰবাৰী হাইস্কুল
কৰদৈতলা, নলবাৰী
ৰিমপী শৰ্মা
বিদ্যালয়ৰ নাম: হলি চাইল্ড ইংৰাজী বিদ্যালয়
শ্ৰেণীৰ নাম: নৱম
পৃষ্ঠা ৪৮
শেষ পৃষ্ঠাৰ লেখাঃ
অসমক ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্যৰূপে
প্ৰতিষ্ঠাৰ সপোন
পৰিণীতা কলিতা
সহ সম্পাদক, অঙ্গন
আকৰ্ষণীয় আৰু বৰ্ণনামূলক প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত অসম হৈছে ভাৰতৰ পূৰ্বত্তম প্ৰহৰী। শাৰী শাৰী কৈ ঠিয় হৈ থকা পাহাৰ, ধীৰ গতিত বৈ থকা অসমৰ নদী, মুখ্যতঃ বৰাক আৰু বক্ষপুত্ৰ তথা সতেজ শ্যামলিমা আৱৰণেৰে শোভনীয় হৈ থকা ৰাজ্যখনেই হৈছে অসম। অনাদিকালৰ পৰা ইয়াত বিভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোক বাস কৰি আহিছে । সকলোৰে সংশ্লেষণ গতিবিদ্যা আৰু আত্মীয়কৰণে অসমৰ প্ৰতিটো স্তৰ অধিক মহিমণ্ডিত আৰু চহকী কৰি তুলিছে।
অসম নামৰ উৎপতি বিষয়ত বিভিন্ন ধৰণৰ মতামত পৰিলক্ষিত হয়। প্ৰাচীন সংস্কৃত সাহিত্যত ‘প্ৰাগজ্যোতিষ’ আৰু ‘কামৰূপ’ দুইটায়ে প্ৰাচীন অসমৰ নাম আছিল। দুখন কৈ মহাকাব্য ক্ৰমে ‘ৰামায়ন’ আৰু ‘মহাভাৰতৰ’ লগতে ‘পুৰাণ’তো এই নামৰ কথা উল্লেখ আছে। ‘প্ৰাগজ্যোতিষ’ বা ‘প্ৰাগজ্যোতিষপুৰ’ এই নাম সন্দৰ্ভত গেট্যেৰ(১৯৯২, পুনঃমূদ্ৰিত)লিখনি মতে প্ৰাগ শব্দৰ অৰ্থ ‘প্ৰাচীন’ বা ‘প্ৰাচ্য’ আৰু জ্যোতিষ মানে হৈছে ‘নক্ষত্ৰ বা জ্যোতি’, জ্যোতিষ বিদ্যা, জিলিকি থকা। সেইফালৰ পৰা প্ৰাগজ্যোতিষপুৰক ‘পূৰ্বোত্তম জ্যোতিষ নগৰী’ হিচাপে বিবেচিত কৰিব পৰা যায়।
কামৰূপৰ নাম বিভিন্ন লিপিৰ লগতে সাহিত্যতো উল্লেখিত হৈ আছে। পৌৰাণিক কাহিনী সমূহৰ মতে কামৰূপ নামৰ উৎপত্তিয়ে আমাক সতীৰ কাহিনীৰ বিষয়ে আভাষ দিয়ে। কাহীনি অনুসৰি, দক্ষ ৰজাৰ জীয়ৰী সতীয়ে, তেওঁৰ স্বামী শিৱক, পিতৃয়ে কৰা অপমানৰ বাবে নিজেই নিজক দাহ কৰিছিল। পত্নীৰ মৃত্যুৰ দুখত ভাগি পৰি শিৱই সতীক গোটেই বিশ্ব-ব্ৰহ্মাণ্ড কান্ধত উঠাই ঘূৰি ফুৰিছিল। তাৰপিছত ভগৱান বিষ্ণুই নিজৰ সুদৰ্শন চক্ৰ ব্যবহাৰ কৰি শৰীৰটো খণ্ড-খণ্ড কৰি পোলালে আৰু সতীৰ দেহৰ চিন্ন-বিচিন্ন অংগবোৰ দেশৰ বিভিন্ন ঠাইত পৰিল। অসমৰ গুৱাহাটীৰ নিলাচল পৰ্বতত সতীৰ যোনিভাগ পৰিল আৰু কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠিা হ’ল। এসময়ত মৃতদেহটো নাইকিয়া হ'ল আৰু মহাদেৱ গভীৰ ধ্যানত মগ্ন হ'ল। বহু দিন পাৰ হৈ গ'ল। দেৱকুলত হাহাকাৰ লাগিল। মহাদেৱ সংহাৰৰ গৰাকী। তেওঁৰ অবিহনে পৃথিৱীত কোনো মানুহৰ মৃত্যু নোহোৱা হ'ল। দেৱতাসকলে প্ৰেমৰ দেৱতা কামদেৱক পৃথিৱীলৈ পঠিয়ালে মহাদেৱৰ ধ্যান ভঙ্গ কৰিবলৈ। কামদেৱ আহিল আৰু তেওঁৰ দেহলৈ মদনৰ পঞ্চশৰ মাৰি পঠিয়ালে। মহাদেৱৰ ধ্যান ভঙ্গ হ'ল। প্ৰচণ্ড খঙত তেওঁ তৃতীয় নয়নেৰে অগ্নি বৰষি কামদেৱক ঠিতাতে ভষ্ম কৰি পেলালে। এইবাৰ কামদেৱৰ পত্নী ৰতিদেৱীয়ে স্বামীক জীয়াই তুলিবলৈ মহাদেৱক কাতৰ প্ৰাৰ্থনা জনালে। লাহে লাহে মহাদেৱৰ ক্ৰোধবহ্নি নিৰ্বাপিত হ'ল আৰু কামদেৱক পুনৰ জীৱন দান দিলে। যি ভূমিত কামদেৱে পুনৰ্জীৱন বা পুনৰ ৰূপ ঘূৰাই পাইছিল, সেই ভূমি পাছলৈ কামৰূপ নামেৰে জনাজাত হৈছিল।
১২২৮ খ্ৰীষ্টাব্দত আহোম সকলে অসমৰ নাম ‘অচম’ বা ‘আসম’ ৰাখিলে। সন্দেহপূৰ্ণ হ’লেও অসম নামৰ উৎপত্তি ইয়াৰ পৰাই হোৱা বুলি অনুমান কৰা হয়।
আহোম সকলে অসমত ৬০০ বছৰ কাল ৰাজত্ব কৰিলে।অসম বুৰঞ্জীত আহোম ৰাজত্বৰ সময় চোৱা এক মহিমণ্ডিত অধ্যায়। চুকাফা নামেৰে মং মৌৰ এজন চান কোঁৱৰে পাটকাই পাৰ হৈ আহি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ১৩ৰ পৰা ১৯ শতিকাৰ সময়চোৱাত বহুতো উপজাতীয় সম্প্ৰদায় অসমলৈ আহিল। কছাৰী,চুতীয়া আৰু কোঁচ সকল হৈছে মধ্যযুগীয়া অসমৰ বিশিষ্ট সম্প্ৰদায়। বাৰ্মী আক্ৰমণৰ লগে লগে আহোম ৰাজত্বৰ সমাপ্তি ঘটিছিল। ইয়াৰ লগতে পৰবৰ্তী সংযোজন হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ১৮২৬ৰ ইযাণ্ডাবু সন্ধি। ব্ৰিটিছ সম্ৰাট সকলে দায়িত্বভাৰ গ্ৰহণ কৰি অসমত ঔপনিবেশিক শাসন আৰম্ভ কৰিলে।
প্ৰয়াত ৰাষ্ট্ৰপতি ড. আব্দুল কালামে কৈছিল- সপোন দেখা যাক সাকাৰ ৰূপ দিব পাৰি৷
মাতৃত্বৰ মহানতাৰে উদ্ভাসিত আমাৰ সকলোৰে আচল মাতৃ আই অসম৷ আমি সকলোৱে কোৱা সোণৰ অসম৷
বৃটিছ আহিল৷ বহুত নিলে৷ বহুত দিলেও৷ ভাল-বেয়া দুয়োটা৷ বৃটিছ গ’ল৷ কৰি থৈ যোৱা ভালখিনি পাই ঠাইতে আমাৰ মানুহে চল-চাতুৰীৰে লৈ থ’লে৷ অসমৰ মানুহে বৃটিছৰ দেখি থকা ভালখিনি দেখিও, শিকি-বুজি ল’বলৈ টান পায়৷ ভাৰতীয় শাসন ব্যৱস্থা আহিল৷ জাপি দিয়া যিকোনো সিদ্ধান্তই সঠিক কেতিয়াও নহয়৷ ইতিহাসে পাত সলালে৷ ভাৰতৰ প্ৰতিখন নৈৰ বুকুৱেদি হিচাব কৰিব নোৱাৰা পানী বৈ গ’ল৷ অসমৰ ইতিহাসত লিখিব খোজা বহু কথা লিখা নহ’ল, বহুত নিবিচাৰিও লিখা হৈ গ’ল৷ ইতিহাসৰ মানচিত্ৰত অসম বুলি মনে ভবা অসমৰ মানচিত্ৰখন ভূমিপুত্ৰৰ নামতে অনেকবাৰ সলনি হ’ল৷ এতিয়া এটা জঁকা আছেগৈ৷
কবি হেম বৰুৱাৰ এফাঁকি কবিতাই সদায়ে অন্তৰত দোলা দি থাকে৷ “সময় বলুকা ৰাশিত পদচিহ্ন ৰাখি যোৱাৰ উন্মাদ বাসনা মোৰ নাই / আমি বুৰঞ্জী শিলাখণ্ডৰ জীৱন্ত ফচিল৷” তথাপি আমি ভৱিষ্যতৰ দিশে সদা সৰ্বদা ধাৱমান৷ ভৱিষ্যতৰ বুকুতেই দেখা পাওঁ জীৱন আৰু জগতৰ সফলতা- বিফলতা, উৰ্ধগতি- অধোগতি, জয়-পৰাজয় অথবা জীৱন আৰু মৰণ৷
দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ ৷ অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহৰ সুফলসমূহ হৈছে-
1) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে ǀ
2) পাইকাৰী মূল্যসূচী পূৰ্বতকৈ হ্ৰাস পাইছে ǀ
3) ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে ǀ
আনহাতে,দেশ বা ৰাজ্য এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশ বা ৰাজ্যৰ অৰ্থনীতিৰ সংহতি সাধন হোৱা প্ৰক্ৰিয়াটোৱেই হ’ল -গোলকীকৰণ বা বিশ্বায়ন ৷
গোলকীকৰণ অভিধাটো হ'ল এটা বহুমাত্ৰিক ধাৰণাৰ সমষ্টি। বিশ্বজনীন দিশত ব্যৱসায়-বাণিজ্য, প্ৰযুক্তি, উদ্যোগ তথা অৰ্থনীতিৰ হোৱা ৰূপান্তৰকে গোলকীকৰণ বুলি কোৱা হয়। গোলকীকৰণক আন্তঃৰাষ্ট্ৰীয়কৰণ, ৰাজনৈতিক তথা অৰ্থনৈতিক উদাৰীকৰণ আৰু এক কাৰিকৰী বিপ্লৱৰ সংমিশ্ৰণ বুলি ক'ব পৰা যায়। এক জটিল আৰু বহুমুখী ঘটনা হিচাপে, গোলকীকৰণক কিছুমানে পুঁজিবাদী সম্প্ৰসাৰণৰ ৰূপ হিচাপে বিবেচনা কৰে যি স্থানীয় তথা ৰাষ্ট্ৰীয় অৰ্থনীতিক বিশ্বজোৰা, অনিয়ন্ত্ৰিত বজাৰৰ অৰ্থনীতিৰ লগত একেলগ কৰে। পৰিবহণ আৰু যোগাযোগ প্ৰযুক্তিৰ বিকাশৰ ফলত গোলকীকৰণো বৃদ্ধি পাইছে। ক্ৰমবৰ্ধমান বিশ্বজোৰা ভাব-বিনিময়ৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, ধাৰণা আৰু সংস্কৃতিৰো বিকাশ ঘটিছে। গোলকীকৰণ হ'ল মূলতঃ সামাজিক আৰু সাংস্কৃতিক দিশবোৰৰ সৈতে সম্পৰ্কিত যোগাযোগ আৰু একত্ৰীকৰণৰ এক অৰ্থনৈতিক প্ৰক্ৰিয়া। দ্বন্দ্ব্ব-বিবাদ আৰু কূটনীতি গোলকীকৰণ আৰু আধুনিক গোলকীকৰণ ইতিহাসৰ এক এক বৃহৎ অংশ।
প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীগত বৈশিষ্ট্য আৰু বিভিন্ন জীৱ-জন্তুৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চল বিশ্বৰ যিকোনো ঠাইৰ পৰ্যটনৰ বাবে বিশেষভাৱে আকৰ্ষণীয় ৰম্যভূমি হিচাপে পৰিগণিত হ’ব পাৰে। পৰ্যটন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি পৰ্যটনৰ ক্ষেত্ৰখন অধিক প্ৰসাৰিত কৰাৰ বাবে পৰ্যটন থলী গঢ়ি তোলা তথা উন্নয়ন সাধন অতীৱ প্ৰয়োজন। অসমৰ অৰ্থনীতিৰ জ্বলন্ত সমস্যাৰাজিৰ অন্যতম নিবনু৭ৱা সমস্যাটো সমাধানৰ উপযুক্ত সম্ভাৱনাময় ক্ষেত্ৰ হোৱাৰ পৰিপেক্ষিতত বন্যপ্ৰাণী পৰ্যটন, সাংস্কৃতিক পৰ্যটন আদি খণ্ডসমূহে নিবনুৱা যুৱক-যুৱতীসকলৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে। এক শংকাবিহীন শান্তিময় অনুকূল পৰিৱেশত প্ৰাকৃতিক সৌন্দৰ্য, বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ যাদুঘৰ অসমৰ আপুৰুগীয়া সম্পদসমূহক পৰ্যটকসকলৰ উপভোগৰ বাবে মুকলি কৰি দিব পাৰিলে পৰ্যটনে অনতিপলমে এক লাভজনক উদ্যোগ হিচাপে ঠন ধৰি উঠিব। থাইলেণ্ড, চুইজাৰলেণ্ড, ছিংগাপুৰ, ইটালী, মালয়েছিয়া, হংকং, কম্বোদিয়া, লাওচ আদি দেশবোৰে পৰ্যটন উদ্যোগৰ জৰিয়তে প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰি দেশৰ অৰ্থনীতি টনকিয়াল কৰি তুলিছে। অসম পৰ্যটনৰ এখন সম্ভাৱনাময় ক্ষেত্ৰ। বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মহাবাহু ব্ৰহ্মপুত্ৰ, বৃহৎ নদীদ্বীপ মাজুলী, শিৱসাগৰৰ ছশ বছৰীয়া আহোম ৰাজত্বৰ কীৰ্তিস্তম্ভ, উমানন্দ, পক্ষী অভয়াৰণ্য দীপৰ বিল, প্ৰাচ্যৰ মানচেষ্টাৰ ৰূপে খ্যাত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ, ব্যাঘ্ৰ প্ৰকল্পৰ বাবে বিখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যান, শাৰী শাৰী চাহগছ, পক্ষীৰ আত্মহত্যাৰ ৰহস্যৰে ৰহস্যাবৃত জাতিংগা, সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজান বনাঞ্চল, গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰ, শদিয়াৰ কেঁচাইখাতী মন্দিৰ, ব্ৰহ্মপুত্ৰৰ মাজত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ইত্যাদি অসম পৰ্যটনৰ সমলবোৰ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰকৃতিদত্ত সমলবোৰেৰে চহকী অসমক পৰ্যটকসকলৰ ভূ-স্বৰ্গ বুলি ক’লেও বঢ়াই কোৱা নহয়। চৰকাৰৰ আশাসুধীয়া নিৰলস প্ৰচেষ্টাত অসমে ক্ৰমে বিশ্ব পৰ্যটনৰ মানচিত্ৰত এখন সুকীয়া আসন অধিকাৰ কৰাৰ পথত আগবাঢ়িছে ৷
আনহাতে, লোককলা একোটা জাতিৰ সংস্কৃতিক পৰিচায়ক| এনে লোককলা সমুহে জাতিটোৰ ৰুচি, ব্যৱহাৰ আৰু শৈল্পিক পৰিচয় দাঙি ধৰে| জাপি অসমৰ অন্যতম লোককলা| অতি পুৰণি কালৰে জাপিৰ ব্যৱহাৰ অসমত দেখা যায়| ব্যৱহাৰ অনুযায়ী জাপি সাধাৰনতে তিনি প্ৰকাৰৰ| উকা জাপি, বৰ জাপি আৰু ফুলাম জাপি ৷ জাপিৰ মুল্য তুলনামুলক ভাৱে কম হোৱাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জাপিয়ে ইতিমধ্যে এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে| অৱশ্যে অসমৰ জাপিয়ে বহি:ৰাজ্যত অথবা বিদেশত এতিয়াও বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই|
বিশেষকৈ ঘৰ শুৱনি কৰিবলৈ ফুলাম জাপি দেশ-বিদেশলৈ ৰপ্তানি কৰি এখন বজাৰ গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা নিশ্চয় আছে| এই ক্ষেত্ৰত চৰকাৰৰ লগতে জাতীয় সংগঠন সমুহৰ উপৰি প্ৰবাসী অসমীয়া সকলৰো দায়িত্ব অপৰিসীম| এনে কাৰ্যত সফল হ’লে অসমৰ কুটীৰ শিল্পই দেশ-বিদেশত স্বীকৃতি লাভ কৰাৰ উপৰি শিল্পী সকলো উপকৃত হ’ব| লগতে অসমৰ লোককলাই দেশ-বিদেশত সমাদৰ লাভ কৰি সুকীয়া পৰিচয় নিশ্চিত ভাৱে দাঙি ধৰিব পাৰিব|
প্ৰতিগৰাকী গ্ৰাম্য অসমীয়া মহিলা জন্মগত শিপিনী। অসমৰ গাঁওবোৰৰ প্ৰতিখন ঘৰতেই একোখন তাঁতশাল আছে বুলি ক’ব পাৰি। কল-কাৰখানা ওলোৱাৰ পিছতো অসমীয়া শিপিনীয়ে ধুনীয়া ধুনীয়া কাপোৰ বৈ বজাৰত উলিয়াই ৰাইজৰ মন আকৰ্ষণ কৰিব পাৰিছে। তাঁতশালৰ কাপোৰে বহু পৰিয়ালক আৰ্থিক সকাহ দিব। ৰাজ্যিক হস্ত-তাঁত আৰু বস্ত্ৰ শিল্প বিভাগে শিপিনীসকলৰ আৰ্থিক সাহাৰ্য্যৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে।
হস্ত তাঁত শিল্পই অকল অসমতে নহয়, ভাৰতবৰ্ষতে এক সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰি আহিছে। বয়ন শিল্পক লৈয়েই বিভিন্ন ধৰণৰ কৰ্মৰ ভাগ অনুযায়ী ভালেমান আনুষংগিক বিভাগ লৈ বয়ন শিল্প গঢ়ি উঠে। যেনে সূতা আৰু কাপোৰত ৰং দিয়া, ছাপ মৰা, পাৰিব গুণা তৈয়াৰ কৰা, যন্ত্ৰৰ সহায়ত কাপোৰত ফুল বছা, পাটমুগা আৰু মিশ্ৰিত কাপোৰ বোৱা, উৎপাদিত কাপোৰৰ বিক্ৰী কেন্দ্ৰ খোলা ইত্যাদি।
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে অসমীয়া বোৱনী শিপিনীৰ এক উল্লেখযোগ্য স্থান আছে। অসম চৰকাৰৰ এৰি মুগা, পাট মুগা কটা যন্ত্ৰৰ যোগান ধৰোতা হিচাপে অসম, ভূটান, মেঘালয়, নগালেণ্ড, কৰ্ণাটক আদিত যথেষ্ট সমাদৰ লাভ কৰিছে ৷ শিপিনীসকলৰ যি আওপুৰণি সূতা কটা পদ্ধতি তাৰ আধুনিকীকৰণৰ প্ৰতি লক্ষ্য ৰাখি অতি কম শাৰিৰীক কষ্ট খটুৱাই শিপিনীসকলে আগবাঢ়িব পাৰিলে ভৱিষ্যতে তাঁত শিল্প আৰু আগুৱাই যাব পাৰিব ৷
কাঁহ-পিতলৰ বাবেও অসম ভাৰত বিখ্যাত ৷ ভৱিষ্যতে অসম চৰকাৰে সহযোগ কৰিলে কাঁহ -পিতলৰ উদ্যোগে আৰু অধিক আগবাঢ়ি যাব পাৰিব বুলি বিশ্বাস ৷
অসমৰ ৰেচম শিল্প বুলিলে প্ৰধানত পাট, মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজপোচাককে বুজায়। অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৃতিক দিশত ইয়াৰ গুৰুত্ব অশেষ ৷ আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে। উদ্যোগৰ বিকাশে যুৱক-যুৱতীসকলৰ বাবে নিয়োগ তথা আত্মসংস্থাপনৰ প্ৰচুৰ সুবিধা মুকলি কৰি অৰ্থনীতিৰ ভেটি টনকিয়াল কৰি তুলিব পাৰে ৷ উক্ত বিষয়সমূহত আধুনিকীকৰণ কৰিব পাৰিলে অসমক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠতম ৰাজ্যৰূপে গঢ়ি তুলিব পৰা যাব ৷
ঠিকনাঃ
গুৱাহাটী বিশ্ববিদ্যালয়
স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিক
ঠিকনা:
টিহু,নলবাৰী (৭৮১৩৭১)
ফোন: ৯৩৬৫৪২২০৮৮
0 Comments