পৃষ্ঠাঃ ১


বেটুপাতঃ ১



পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাত আৰু বেটুপাতৰ শেষ পৃষ্ঠাৰ বাবে
ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰিবলৈ
অনুৰোধ জনোৱা হ'ল।
উল্লেখ্য যে আগন্তুক তিনিটা মাহৰ বাবে প্ৰয়োজনীয় বেটুপাত ফটো
চলিত মাহতেই পঞ্জীয়ন কৰা হ'ব।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
প্ৰসংগঃ স্বাধীনতা দিৱস-- পৃষ্ঠা ৫

২/ অঙ্গনলৈ চিঠিঃ -- পৃষ্ঠা ৬
বিৰাজ দত্ত

৩/ প্ৰৱন্ধ: পৃষ্ঠা ৭-১৭
ক/দেশৰ স্বাধীনতা আন্দোলন আৰু অসম ( প্ৰতাপ কুমাৰ বৰুৱা)
খ/ বীৰাঙ্গনা কনকলতা ( অভিলাষা ভট্টচাৰ্য)
গ/ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ অৱদান ( শ্যামলিমা কাকতি)
ঘ/ পবিত্ৰ ৰিষ্টাৰ পৰা অপবিত্ৰ মৃত্যুলৈঃ দ্যা ষ্টৰি আনটল্ড ( ৰিদীপজ্যোতি কলিতা)
ঙ/অন্যত্ৰ বিৰলা দেৱী (প্ৰণৱ ফুকন)
চ/ সংগ্ৰামৰ মূলমন্ত্ৰ হৈছে সাম্য-মৈত্ৰী, স্বাধীনতাঃ যুদ্ধ নহয় (উৎপল কলিতা)

৪/ ধাৰাবাহিক উপন্যাসঃঃ পৃষ্ঠা ১৮-২৬
     ক। ধুমুহাই ভঙা সপোন
     দুৰ্গেশ্বৰ শইকীয়া
     খ। অনুতপ্ত
     বৃষ্টি বৰুৱা
    গ/ আজি মেঘৰ মাদল বাজিছে
    যোগল লোচন দাস

৫/ অণুগল্পঃঃ পৃষ্ঠা ২৭
ক/মমতা  ( হেমা চৌধুৰী গগৈ)
খ/ আকুলতা (পৰিস্মিতা ভূঞা দত্ত)
গ/ আধি ( সত্যজিৎ শইকীয়া)
ঘ/ স্বপ্নভংগ (ৰাণু প্ৰভা দত্ত)

৬/ এক মিনিটৰ গল্পঃ পৃষ্ঠা ২৮
ক/ স্বাধীনতাৰ স্বপ্ন-দুস্বপ্ন (অভিলাষা শইকীয়া)

৭/ অনুবাদ কবিতাঃ পৃষ্ঠা ২৯-৩০
ক/ সন্ধ্যাৰাগ (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ EVENING HARMONY By CHARLES BAUDELAIRE
খ/ বৰফ পৰা সন্ধ্যা এটিত এখন হাবিৰ কাষত ৰৈ ( তৰুণ চন্দ্ৰ নাথ)
মূলঃ STOPPING BY WOODS ON A SNOWY EVENING by ROBERT FROST

৮/কবিতাঃঃ পৃষ্ঠা ৩১-৪২
ক/ মূৰ তুলি থকাটো মাটি আনি সানি মূৰত লোৱা শপত আমাৰ (ৰণ‌্জিৎ গগৈ)
খ/ কপাল (অংকুৰিতা ফুকন)
গ/শিল (মঞ্জু মেছ)
ঘ/তুমিহীনতাৰ সুবাসেৰে সুবাসিত গানটি ( হেৰম্ব জ্যোতি)
ঙ/ তাত এখন ঝুলনা আৰু কিছু হাঁহি আছিল (গীতাঞ্জলী বৰকটকী)
চ/ তাই বেশ্যা ( নিবিৰ ৰাজবংশী)
ছ/ সুগন্ধি কবিতাৰ সন্ধানত ( দীপ্তি বড়া গগৈ)
জ/ কথা নক'বা, একো নক'বা ( অন্তৰীপ কাকতি)
ঝ/সংগীত ( ৰিদিপ সোণোৱাল)
ঞ/ ক্ৰন্দসী (স্বপ্নম জ্যোতি কলিতা )
ট/ কৰ'ণা ভাইৰাছ (নৱজ্যোতি ডেকা)
ঠ/ নামদাঙৰ পৰা অলকানন্দালৈ ( কৰৱী গগৈ)
ড/ স্বাধীনতাৰ কবিতা (মঞ্জিত হাজৰিকা)

১০/ নিৱন্ধঃঃ পৃষ্ঠা ৪৩
সেই ৰেডিঅ' যেন এতিয়া এক নষ্টালজিয়া (পাৰ্থ প্ৰতিম বৰুৱা)

৯/ অনুভৱঃঃ পৃষ্ঠা ৪৪
আই লাভ ইউ (ৰমন ৰাজ)

১১/ আত্মকথনঃঃ পৃষ্ঠা ৪৫
মই সঁচাকৈ প্ৰেমত পৰিলো ( পিংকী শইকীয়া)

১২/ ভ্ৰমণ কাহিনীঃঃ পৃষ্ঠা ৪৬
মোৰ ভ্ৰমণ ডায়েৰী-১ "পেলিং" (শৰ্মীষ্ঠা বৰ্মন)

১৮/ শিশু সাহিত্যঃঃ পৃষ্ঠা ৪৭
সমনীয়াৰ খেল আৰু শিকন (ৰাজশ্ৰী বৰা)

১৩/ গল্পঃঃ পৃষ্ঠা ৪৯-৫৩
ক/ দুখৰ জোলোঙাত সুখৰ আভা (মৃদুলা গগৈ)
খ/ খোঁচ (আদৃতা শিৱম)
গ/ তেওঁ ৰং ভাল পায় ( তেজস্বিনী উলুপ কাশ্যপ)

১৪/ নীলা খামৰ চিঠিঃঃ পৃষ্ঠা ৫৪
মৌমিতা ৰয়

১৫/ মতামতঃঃ পৃষ্ঠা ৫৫
ক/ সোনালী শইকীয়া

১৭/ নিয়মীয়া শিতান
ক/ জ্ঞানৰ সঁফুৰা ঃঃ পৃষ্ঠা ৫৬
খ/ শব্দৰ যট্পট্ ঃঃ পৃষ্ঠা ৫৭

১৮/ ম'ডেল পৃষ্ঠাঃঃ পৃষ্ঠা ৫৮

১৯/ শেষ পৃষ্ঠাৰ লেখাঃঃ পৃষ্ঠা ৫৯
স্বাধীনতা দিৱসঃ ইতিহাস আৰু প্ৰাসংগিকতা
পৰিণীতা কলিতা

২১। ঘোষণাঃঃ  পৃষ্ঠা ৬০



পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ শর্মীষ্ঠা বর্মন, নতুন দিল্লী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
নিৰ্মালী মহন্ত, গোপাল কৃষ্ণ বাঢ়ৈ, দেৱজ্যোতি নাথ, দিপশিখা হাজৰিকা বৰুৱা, ৰিতু ভঁৰালী, প্ৰস্তুতি শৰ্মা, স্বপ্নমজ্যোতি কলিতা, অৰ্চনা শইকীয়া, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।



পৃষ্ঠাঃ ৫


সম্পাদকীয়ঃ

প্ৰসংগঃ স্বাধীনতা দিৱস


১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হোৱাৰ পিছৰে পৰাই প্ৰতি বছৰেই ১৫ আগষ্ট তাৰিখে দেশত স্বাধীনতা দিৱস পালন কৰা হয়। আজি আমাৰ দেশে ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন কৰিলে। এই স্বাধীনতা দিৱসৰ লগত সাঙোৰ খাই আছে প্ৰতিজন ভাৰতীয়ৰ স্বাভীমান। আমি সকলোৱে জানো যে ভাৰতেই হৈছে একমাত্ৰ এনে এখন দেশ য'ত বিভিন্ন ধৰ্মাৱলম্বী, ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ লোকে বাস কৰে। এই লোকসকলৰ কৃষ্টি-সংস্কৃতিও অতুলনীয়। ভাৰতৰ এই বিচিত্ৰ কৃষ্টি-সংস্কৃতিয়ে বিশ্বৰ দুৱাৰডলিত এক উচ্চমানৰ আসন লাভ কৰিবলৈ সক্ষম হৈছে। তথ্যমতে ভাৰতেই একমাত্ৰ এনে এখন দেশ য'ত আটাইতকৈ বেছি (প্ৰায় ১৫,৯০০ টা) ভাষা প্ৰচলিত। আমি সৰুতেই পঢ়া, 'অনৈক্যৰ মাজত ঐক্য' কথাষাৰী আমাৰ দেশতেই প্ৰযোজ্য। এই ঐক্য হৈছে, আমি ভাৰতীয়। ভাৰতীয় বুলি ক'লেই গৌৰৱত আমাৰ বুকু ওফন্দি পৰে। এই ভাৱনাই প্ৰতিজন ভাৰতীয়ক দেশ মাতৃৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে।

১৯৪৭ চনৰ পৰা ২০২০ চনলৈ দেশত বহু পৰিৱৰ্তন হল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আকাশ চুলে, মানুহৰ ঘৰে ঘৰে গাড়ী মটৰ হ'ল, বৃহতাকাৰ অট্টালিকা নিৰ্মাণ হ'ল, ৰাস্তা পদুলী পকী হ'ল, বাণিজ্যৰ ক্ষেত্ৰখনত অভূতপূৰ্ব পৰিৱৰ্তন আহিল, শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আহিল ইত্যাদি ইত্যাদি। কিন্তু ইমানৰ পিছতো নিতৌ খবৰ কাকতত প্ৰকাশিত বাতৰিবোৰ পঢ়িলে, অথবা দুৰদৰ্শনত দেশৰ খবৰ চোৱাৰ পৰত প্ৰায়েই মনলৈ এটাই প্ৰশ্ন আহে, সঁচাকৈ জানো আমি স্বাধীন দেশৰ নাগৰিক? ২০১৯ বৰ্ষৰ তথ্যমতে এতিয়াও ভাৰতবৰ্ষৰ প্ৰায় ৬৫.৫৩ শতাংশ লোকে গ্ৰাম্যাঞ্চলত বাস কৰে। আচৰিত হ'বলগীয়া কথাটো হৈছে, কেৱল উত্তৰ পূৰ্বাঞ্চলতেই এনে বহু অঞ্চল আছে য'ত আজিও দেশৰ নাগৰিক স্বাস্থ সেৱাৰ পৰা বঞ্চিত, ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুলত নামভৰ্তি কৰিবৰ বাবে ৭০-৮০ কিল'মিটাৰ দূৰলৈ যাবলগীয়া হয়। উল্লেখিত সময়ছোৱাত ৰাজ্যৰ লগতে দেশৰ ৰাজনীতিত বহুতো নতুন মুখৰ আৱিৰ্ভাৱ হ'ল, বিভিন্ন ৰাজনৈতিক দলে ৰাজপাত দখল কৰিলে। কিন্তু সাধাৰণ জনতাৰ সমস্যা সদায় সমস্যা হৈয়েই থাকিল। লাহে লাহে দুখীয়াৰ দুখ কষ্টখিনিক লৈও আৰম্ভ হ'ল ৰাজনীতি। চৰকাৰী পক্ষই নিৰ্বাচনৰ সময়তহে দুখীয়া শ্ৰেণীটোৰ পেটৰ ভোকৰ উমান লবলৈ আৰম্ভ কৰিলে। এইবোৰ দেখি শুনি মনলৈ ইংৰাজসকলৰ শাসন (শোষণ) ব্যৱস্থালৈ মনত পৰে। ব্ৰিটিছে যিদৰে সৰ্বসাধাৰণ নাগৰিকক দমনমূলক নীতিৰে নিজৰ অধীনত ৰাখিছিল, আজিও যেন স্বাধীন ভাৰতত দুৰ্বল শ্ৰেণীটো সদায়ে উপেক্ষিত, অৱহেলিত। ইংৰাজে শ্ৰমিকসকলক কাণি খুৱাই যিদৰে তেওঁলোকৰ বুদ্ধি ভ্ৰষ্ট কৰিছিল, শ্ৰমিকসকলক অমানুসিক পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাইছিল একেদৰে যেন আজিও দেশৰ এটা শ্ৰেণীয়ে  দুৰ্বল শ্ৰেণীটোক শোষণ কৰি আছে।

    আজিৰ এই পবিত্ৰ দিনটোতেই ভাৰতবৰ্ষৰ ইতিহাসত নতুন সুৰুয উদয় হৈছিল। ইতিহাস প্ৰতিটো আখৰত দেশবাসীৰ ত্যাগ, তেজ আৰু প্ৰেমৰ চানেকি আছে। এই ইতিহাসেই আজি আমাক প্ৰশ্ন কৰে, সঁচাকৈয়ে আমি দেশখনৰ বাবে চিন্তা কৰিছোনে? পাৰিছোনে স্বাধীনতা আন্দোলনৰ বীৰসকলক উপযুক্ত সন্মান দিব?

আজি ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন ৰাজ্যৰ প্ৰতিটো চুকত পতাকা উৰিছে। দেশে মূৰ তুলি কৈছে 'স্বাধীন ৰাষ্ট্ৰ মই ভাৰত।' অথচ, এইখন দেশতেই আভ্যন্তৰীণ সংঘৰ্ষ চলিছে। ভাই ভাইৰ মাজত এচামে তেজৰ ভিন্নতা বিচাৰি হাহাকাৰ কৰিছে, তোৰ মন্দিৰ, মোৰ মছজিদ, তাৰ গীৰ্জাক লৈ  তৰ্ক চলিছে।

ভাৰতৰ শ শ  বীৰৰ শোণিতেৰে স্বাধীনতাৰ ইতিহাস লিখিত। আমি মাথোঁ এই ইতিহাস অনুভৱ কৰিছোঁ। তেওঁলোকৰ হৃদয়ৰ প্ৰকৃত স্বধীনতাক, চিন্তাৰ উচ্চতাক আৰু দেশক‌ লৈ দেখা মহান সপোনটোক নিজৰ বুকুত আমি আজিও ৰোপন কৰিব পৰা নাই। সেয়ে স্বাধীন হৈয়ো আমি পৰাধীনতাৰ মেৰপাকত সোমাই পৰিছোঁ।

তথাপি আশা কৰোঁ যে জীৱনক স্বাধীনতা‌ দিব পৰাকৈ মনটো শক্তিশালী হওঁক। আমি লৈ থকা জাবৰখিনি আঁতৰাই নিজকে নিকা কৰোঁ, সচা অৰ্থত নিজক স্বাধীন‌ কৰোঁ। নিজৰ লগতে দহৰ বাবে চিন্তা আৰু কাম কৰোঁ, আহক আমি এজন প্ৰকৃত ভাৰতীয় হওঁ। আমাক চিন্তাত স্বাধীনতা প্ৰতিফলন‌ ঘটাই আমি ইতিহাসক সন্মান জনাওঁ।

আমাৰ মনৰ স্বাধীনতাই সকলো দিশৰ স্বাধীনতাক অটুট ৰখাত সহায় কৰে। আমি নিজক চিনিব পাৰিলে, ভালখিনিক সজীৱ কৰি তুলিব পাৰিলে হয়তো সাধাৰণজনেও স্বাধীনতা কি সেয়া উপলব্ধি কৰিব, ৰজা হৈ শোষণ নকৰি শাসন কৰি‌ জীৱনক উদযাপন কৰিবলৈ শিকাব। ভাৰত কেৱল কাগজ আৰু ফাইলতে স্বাধীন নহৈ ই দেশৰ নাগৰিকৰ কৰ্মত, জীৱনত আৰু বাস্তৱৰ দলিলত স্বাধীন হ'ব। 


হেমেন নাথ
সম্পাদক
(9678696861)
অঙ্গন, পষেকীয়া ই-আলোচনী


পৃষ্ঠাঃ ৬

সম্পাদকলৈ চিঠিঃ


পষেকীয়া ই আলোচনী অঙ্গন পঢ়িবলৈ লোৱা মোৰ বেছি দিন ‌হোৱা নাই। এতিয়ালৈকে মই যি দুটা কপি পঢ়িছোঁ সচাই ই এক সৰ্বাংগ সুন্দৰ আলোচনী। বিভিন্ন গল্প কবিতা প্ৰৱন্ধ আদিৰে ভৰপূৰ অঙ্গন খন মোৰ বৰ ভাল লাগে। এতিয়া যিহেতু মহামাৰী কৰোনাৰ বাবে সমগ্ৰ ছপাশাল বন্ধ হৈ আছে। ফলত কিছু লেখকৰ লেখা এনেয়ে পৰি আছে। তাৰ বাবে  অংকুৰণ প্ৰকাশনে এই যি ব্যৱস্থা হাতত লৈছে ই সঁচাই লেখত ল'বলগীয়া। যোৱা সংখ্যাত প্ৰকাশিত মহামাৰী কভিড ১৯ শীৰ্ষক নিৱন্ধটো পঢ়ি বৰ ভাল লাগিল। আৰু জীয়া কলিজাৰ আৰ্তনাদ নামৰ গল্পটি পঢ়ি মোৰ চকুলো নিগৰি পৰিল। আৰু ইয়াত অসমৰ বাহিৰেও আন ৰাজ্যৰ লেখকেও গল্প কবিতা প্ৰৱন্ধ লিখে। ইয়াৰ পৰা মই গম পালো যে বিভিন্ন ৰাজ্যৰ লেখকৰ কিমান। আৰু অঙ্গনৰ সকলো লেখক আৰু পৰিয়াললৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু দীৰ্ঘায়ু কামনা কৰিলো।
লগতে অঙ্গনৰো দীৰ্ঘায়ু কামনা কৰিলো।

বিৰাজ দত্ত
যোৰহাট



পৃষ্ঠাঃ ৭

প্ৰৱন্ধঃ

দেশৰ স্বাধীনতা আন্দোলন আৰু অসম



প্ৰতাপ কুমাৰ বৰুৱা
জাঁজী জামুগুৰি


বৃটিছ মহাশক্তিক ভাৰতৰ পৰা অপসাৰণ কৰাৰ বাবে মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ দেশত যি যুগান্তকাৰী আন্দোলন চলিছিল সেই আন্দোলন ভাৰতৰ স্বাধীনতা ৰবি উদয়ৰ ক্ষেত্ৰত পূৰা মাত্ৰাই সফল হৈছিল৷ গন্ধীজী প্ৰমুখ্যে ভাৰতৰ জাতীয় নেতাসকলে এই স্বাধীনতা সংগ্ৰামক ৰাইজৰ মাজলৈ এনে কৌশলী আৰু কাৰ্যকৰী ৰূপত লৈ গৈছিল যে মহাশক্তিধৰ ইংৰাজসকলে ২০০ বছৰীয়া শাসন নেওচি ভাৰতৰ পৰা বিদায় ল’বলৈ বাধ্য হ’ল৷ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে৷ এই মহা সংগ্ৰামত সফলতা লাভ কৰাৰ অন্তৰালত ভাৰতৰ জনগণৰ অকুণ্ঠ সমৰ্থন অাছিল মূল চাবিকাঠি৷ সমগ্ৰ ভাৰতৰ সকলোবোৰ প্ৰদেশে স্বাধীনতা সংগ্ৰামত সবল ভূমিকা লৈছিল৷ অসমো ইয়াৰ ব্যতিক্ৰম নাছিল৷ স্বাধীনতাকামী স্বাভিমানী অসমৰ ৰাইজৰ অভূতপূৰ্ৱ সঁহাৰিয়ে সমগ্ৰ দেশৰ লগতে অসমতো বৃটিছ শাসকক অতিষ্ঠ কৰিছিল বিভিন্ন প্ৰকাৰে৷ যুৱশক্তি আৰু জ্যেষ্ঠসকলৰ যোগদানে অসমত স্বাধীনতা সংগ্ৰামৰ চোক অতি বেছি কৰিছিল৷ অসমৰ মহিলাসকলেও এই সংগ্ৰামত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল৷

অসম আৰু ভাৰতৰ বাকী ৰাজ্যবোৰে স্বাধীনতাৰ বাবে কৰা সংগ্ৰামবোৰৰ মাজত সামান্য প্ৰভেদ দেখা যায়৷ কাৰণ প্ৰতিখন ৰাজ্যৰে আৰ্থসামাজিক বা ৰাজনৈতিক অৱস্থাৰ মাজত পাৰ্থক্য আছিল৷ স্বাধীনতা সংগ্ৰামত অসমৰ কাৰ্যাৱলীক  ঘাইকৈ চাৰিটা পৰ্যায়ত ভগাই দেখুৱাব পাৰি৷ ১৮২৮ চনৰ ইয়াণ্ডাবু সন্ধিৰ পৰা ১৯৪২ৰ গণ আন্দোলন বা ১৯৪৭ চনৰ স্বাধীনতাৰ সময়লৈকে ইয়াৰ ভাগবোৰ হ’ল-
প্ৰথম পৰ্যায়: (১৮২৮ - ১৮৫৭)
দ্বিতীয় পৰ্যায় (১৮৫৮ - ১৮৯৪)
তৃতীয় পৰ্যায়(১৮৯৪ - ১৯২০) আৰু
চতুৰ্থ পৰ্যায় (১৯২১ - ১৯৪৭)৷

প্ৰথম পৰ্যায়: (১৮২৮-১৮৫৭):- 
=====================
ইয়াণ্ডাবু সন্ধিৰ ফলত অসম ব্ৰিটিছ হাতলৈ যোৱাৰ পৰাই হেৰোৱা স্বাধীনতা ঘুৰাই আনিবলৈ আৰু অসমত আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা চলিছিল। ইয়াৰ ফলত গমধৰ কোঁৱৰ ,জীউৰাম দুলীয়া বৰুৱা আদিৰ নেতৃত্বত পোনতে বিদ্ৰোহৰ সুত্ৰপাত হৈছিল। বৃটিছৰ হাতৰ পৰা ৰাজধানী ৰংপুৰ দখল কৰিবলৈ তেওঁলোকে চেষ্টা চলাইছিল যদিও ব্যৰ্থ হৈছিল। বৃটিছ চৰকাৰে বিদ্ৰোহীসকলক কাৰাগাৰত সোমুৱাইছিল। তাৰ পিছত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ নেতৃত্বত বিদ্ৰোহে পুনৰ মূৰ দাঙি উঠে। ১৮৩০ চনত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক বিদ্ৰোহৰ অপৰাধত ফাঁচী দিয়ে। ইয়াৰ মাজতে ১৮৩৯ চনত চিংফৌসকলে  বৃটিছ সৈন্যৰ অস্ত্ৰাগাৰ এটা ধ্বংস কৰাৰ উপৰি কেইগৰাকীমান বিষয়াক হত্যা কৰিছিল। বৃটিছে এই বিদ্ৰোহ দমন কৰে। ইয়াৰ পিছত ১৮৫৭ চনত বৃটিছ চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটৰ কাৰাগাৰত ফাঁচী দিয়া হয়। স্বাধীনতাৰ তীব্ৰ হেঁপাহ তলে তলে ৰাইজৰ মাজত জাগৰিত হৈ ৰয়৷





পৃষ্ঠাঃ ৮


দ্বিতীয় পৰ্যায় (১৮৫৮-১৮৯৪):-
=====================
এই পৰ্যায়ৰ আৰম্ভণিতে হৈছিল কৃষক বিদ্ৰোহ৷ বৃটিছ চৰকাৰে মাটিৰ খাজনা অধিক বৃদ্ধি কৰাৰ বাবে অসমত ব্যাপক কৃষক বিদ্ৰোহে মূৰ দাঙি উঠে। নগাঁৱৰ ফুলগুৰিত (১৮৬১),দৰং জিলাৰ পথৰুঘাটত (১৮৯৪),কামৰুপ জিলাৰ ৰঙিয়াত ,নলবাৰী ,বজালী, বৰপেটা (১৮৯৪) আৰু আন বিভিন্ন জিলাৰ ভালেমান ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হয়। দৰং জিলাৰ পথৰুঘাটৰ গুলীচালনাৰ ঘটনাত ১৪০ জন মান লোকে প্ৰাণ হেৰুৱাইছিল আৰু বহুতো ঘুণীয়া হৈছিল। ৰঙিয়াৰ কৃষক বিদ্ৰোহতো পুলিচৰ গুলীচালনাত প্ৰায় ২৭ জন লোক নিহত হৈছিল আৰু ভালেমান লোক আহত হৈছিল।

এই সময়তেই ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল আৰু অসমো কংগ্ৰেছ সংগঠনত অন্তৰ্ভুক্ত হৈছিল। কংগ্ৰেছৰ নেতৃত্ব আৰু পৰিচালনাতেই অসমৰ দৰং, কামৰূপ , শিৱসাগৰ, লক্ষীমপুৰ আদি জিলাত কৃষকসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে ‘ৰায়ত সভা’ গঠিত হৈছিল আৰু সেইবোৰৰ যোগেদি থলুৱা ৰাইজে ইংৰাজ চৰকাৰৰ অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে গণ প্ৰতিবাদ সাব্যস্ত কৰিছিল।
১৮৮৫ চনৰ পৰাই জাতীয়তাবাদী ভাবধাৰাই অসমত ব্যাপকভাৱে গা কৰি উঠে। কলকতালৈ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা এচাম অসমীয়া যুৱকে জাতীয় চেতনাৰে অসমবাসীক উদ্ধুদ্ধ কৰিবলৈ অহোপুৰুষাৰ্থ কৰে। ফলত আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ধ্বজাবাহী ‘জোনাকী’ আৰু ’বাঁহী’ নামৰ আলোচনী প্ৰকাশ পায়৷ সাহিত্যৰ দ্বাৰা দেশপ্ৰেমৰ ভাবনা ৰাইজৰ মাজত ব্যাপক ৰূপত প্ৰচাৰ হয় এই যুৱশক্তিৰ জৰিয়তে৷

তৃতীয় পৰ্যায়(১৮৯৪-১৯২০) :- 
======================
এই সময়চোৱাত অসমত বৃটিছৰ বিৰুদ্ধে প্ৰত্যক্ষ সংগ্ৰাম চলোৱা হোৱা নাছিল যদিও এইখিনি সময়তে অসমীয়াৰ মাজত জাতীয় চেতনা প্ৰবল হৈ উঠে। অসমীয়া সাহিত্য,সংস্কৃতি, ইতিহাস আৰু সমাজৰ বিভিন্ন দিশত আধুনিক বিজ্ঞানসন্মত ধ্যান-ধাৰণাৰ উন্মেষ ঘটে। ক’ব পাৰি, এই সময়তে অসমীয়া সমাজত এক নৱজাগৰণৰ সূচনা হয়। বৃটিছৰ বিৰুদ্ধে মহাসংগ্ৰামৰ বাবে সুসংগঠিত মানসিক প্ৰস্তুতিৰ কাল বুলিব পাৰি এইচোৱা সময়ক। দেশপ্ৰেমৰ জোৱাৰ জনগণৰ অন্তৰত ফল্গুৰ দৰে প্ৰৱাহিত হৈ মানসিকভাৱে বিদেশী শক্তিৰ বিপক্ষে ঠিয় দিবলৈ অসমৰ সৰ্বস্তৰৰ ৰাইজক উদ্বুদ্ধ কৰিছিল এই সময়ৰ আহ্বানে৷

চতুৰ্থ পৰ্যায় (১৯২১-১৯৪২)
====================
গান্ধীজী আছিল ভাৰতৰ স্বাধীনতা যুঁজৰ সেনাপতি স্বৰূপ৷ গান্ধীজী ১৯২১ চনত অসমলৈ প্ৰথমবাৰ আহিছিল৷ তেখেতৰ অসম আগমনৰ লগে লগে অসহযোগ আন্দোলনৰ প্ৰতি অসমে পূৰ্ণৰূপত সঁহাৰি জনালে৷ দূৰদৰ্শী যুৱনেতা চন্দ্ৰনাথ শৰ্মাৰ নেতৃত্বত অসমৰ ছাত্ৰসমাজ বৃটিছৰ বিৰুদ্ধে একগোট হৈ থিয় দিলে৷ অসমত প্ৰকৃততে ১৯১৬ চন মানৰ পৰাই বিদেশী চৰকাৰৰ বিপক্ষে বিদ্ৰোহৰ উকমুকনি দিছিল৷ গান্ধীজীৰ আহ্বানত সঁহাৰি জনাই নাগপুৰ কংগ্ৰেছ অধিৱেশনতো অসমৰ নেতাসকলে যোগদান কৰিছিল।



পৃষ্ঠাঃ ৯

১৯২১ চনত অসমৰ ছাত্ৰসকলে সদলবলে শিক্ষানুষ্ঠান বৰ্জন কৰিবলৈ আৰম্ভ কৰিলে৷ কানি বৰবিহ নিৰ্মুলকৰণকে আদি কৰি কংগ্ৰেছৰ বিভিন্ন কাম-কাজত ছাত্ৰসমাজে আত্মনিয়োগ কৰিবলৈ ল’লে। ১৯২১ চনতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথমখন অধিৱেশন বহিছিল। অতিকৈ উল্লেখযোগ্য কথা যে অসমত কংগ্ৰেছৰ অপূৰ্ব সাংগঠনিক দক্ষতাৰ বাবেই সেইটো বছৰতেই গুৱাহাটীৰ পাণ্ডুত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধিৱেশনো অনুষ্ঠিত হৈছিল। মহাত্মা গান্ধীয়ে প্ৰথম অসমলৈ আহোঁতে অসম আৰু অসমীয়াৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিল। ‘ইয়ং ইণ্ডিয়া’নামৰ কাকতত ’বিউটিফুল আছাম’ নামেৰে তেওঁ নিৱন্ধও লিখিছিল। বিদেশী বস্ত্ৰ বৰ্জন আৰু স্বদেশী খাদী বস্ত্ৰ জনপ্ৰিয়কৰণৰ প্ৰচেষ্টা তেতিয়াৰ পৰাই অসমত আৰম্ভ হৈছিল। অহিংস পদ্ধতিৰে স্বাধীনতা আন্দোলনটোৱে সেই সময়ৰে পৰাই অসমত ব্যাপকভাবে গা কৰি উঠে। ইফালে ইয়াৰ লগতে বৃটিছ চৰকাৰৰ দমন-পীড়নো অব্যাহত থাকে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন আৰু দেশপ্ৰাণ কুলধৰ চলিহা - এই ত্ৰিমুৰ্তিয়েই তেতিয়া অসম কংগ্ৰেছৰ লাইখুটা সদৃশ আছিল।

গান্ধীজী আৰু দেশৰ অন্যান্য নেতৃবৰ্গৰ লগতে অসমৰ কংগ্ৰেছী নেতাসকলৰ বেছিভাগেই ১৯২২ চনৰ বছৰটো ঘাইকৈ জেলতেই কটাইছিল। ১৯২২ চনৰ পৰা আন্দোলন আৰু বেছিকৈ জোৰদাৰ হৈ উঠে। ১৯৩০ চনত কংগ্ৰেছ আৰু ইয়াৰ স্বেচ্ছাসেৱক বাহিনীক নিষিদ্ধ ঘোষণা কৰে চৰকাৰে। তথাপি আন্দোলন পুৰ্ণোদ্যমে চলিয়েই থাকে। কংগ্ৰেছ সেৱাদলৰ তেতিয়াই সৃষ্টি হয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ দেশপ্ৰেমমূলক গীতে ৰাইজক বিপ্লৱী প্ৰেৰণাৰে উদ্বুদ্ধ কৰিছিল। 

১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে বৃটিছ চৰকাৰে অসমত দুহেজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰি নাইবা জৰিমনা ভৰাই শাস্তি দিছিল। ১৯৩৪ চনৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পাটনা অধিৱেশনৰ সিদ্ধান্তই আন্দোলনক এক নতুন গতি দিয়ে। কংগ্ৰেছে আইন সভাত (Legislative Council) অংশগ্ৰহণ কৰিবলৈ ঠিৰাং কৰে আৰু অসমেও সেই সিদ্ধান্ত মানি লয়। কিন্তু পৰৱৰ্তী কালত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি কিছু সলনি হোৱাত সেই সিদ্ধান্ত পুনৰ বিবেচনা কৰি, কংগ্ৰেছে আকৌ অহিংস আন্দোলন চলাই যাবলৈকে সিদ্ধান্ত লয়। ইয়াৰ পাছতে ব্যাপক সত্যাগ্ৰহৰ যোগেদি স্বাধীনতা সংগ্ৰামক আগবঢ়াই লৈ যোৱা হয়। সত্যাগ্ৰহ আন্দোলনত অসমবাসীয়ে প্ৰৱল উৎসাহেৰে অংশগ্ৰহণ কৰি বৃটিছ চৰকাৰৰ বিপক্ষে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে৷




পৃষ্ঠাঃ ১০

১৯৩৫ চনত 'বৃটিছ ভাৰত’ গঠন কৰাৰ উদ্দেশ্যে "ভাৰত চৰকাৰ আইন" ৰচিত হয়। সেইবাবে অসম কংগ্ৰেছে ১৯৩৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্ব্বিতা কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে ৩৮খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে যদিও মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ শক্তি কৰ্তন কৰাৰ এক হঠকাৰী নিয়মৰ বিৰোধিতা কৰি তেওঁলোকে বিৰোধী দল হিচাপেই থকাৰ মন মেলে। গোপীনাথ বৰদলৈ এই বিৰোধী দলৰ দলপতি নিৰ্বাচিত হয়। কংগ্ৰেছৰ বাহিৰে আন আন দলৰ সমৰ্থনত চৈয়দ মহম্মদ ছাদুল্লাই মন্ত্ৰীসভা গঠন কৰে। কিন্তু ৰাইজৰ মৌলিক সমস্যাবোৰৰ সমাধানত চৰকাৰৰ আওকণীয়া মনোভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ শক্তি লাহে লাহে বাঢ়ি আহে। ১৯৩৮ চনত মহম্মদ ছাদুল্লা মন্ত্ৰীসভাই পদত্যাগ কৰে। তেতিয়া ৰাজ্যপালে গোপীনাথ বৰদলৈক মন্ত্ৰীসভাৰ গঠন কৰিবলৈ আহ্বান জনায় সেই বছৰৰ ২১ ছেপ্তেম্বৰত৷ 

গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মূল কাৰণসমূহ আছিল তেখেতৰ ৰাজনৈতিক বিচক্ষণতা, মনোমোহা ব্যক্তিত্ব, সত্যবাদীতা আৰু আচৰণ যাৰ বাবে তেখেতৰ সহকৰ্মীসকলৰ উপৰি বিভিন্ন সম্প্ৰদায়ৰ লোক বৰদলৈদেৱৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল। তেখেতৰ কৰ্মপন্থা আৰু বিচক্ষণতাৰ ফলতে কংগ্ৰেছ এক শক্তিশালী ৰাজনৈতিক দল হৈ পৰে। মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ উল্লেখযোগ্য সফলতাসমূহ আছিল মাটিৰ খাজানা বন্ধ কৰা, কানি নিবাৰণী আইন গঠন, থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ পমুৱা মুছলমানক মাটিৰ পত্তা দিয়া বন্ধ কৰা আদি।১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বাবে চৰকাৰ বেছিদিন বৰ্তি নাথাকিল। ১৯৪০ চনত মহাত্মা গান্ধীৰ আহ্বানত বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰে। ১৯৪০ চনত তেখেতক পুনৰ গ্ৰেপ্তাৰ কৰা হয় যদিও শাৰীৰিক অসুস্থতাৰ হেতু এবছৰ হোৱাৰ আগতেই জেলৰপৰা মুক্তি দিয়া হয়।

ইয়াৰ পৰবৰ্তী সময়ত আৰম্ভ হয় বিয়াল্লিছৰ ব্যাপক গণ আন্দোলন৷ ১৯৪২ চনৰ  ৮ আগষ্টত ‘কৰিম কিম্বা মৰিম’আদৰ্শেৰে কংগ্ৰেছে ‘ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ কৰে৷ অসমত এই আন্দোলনে ব্যাপক প্ৰসাৰ লাভ কৰে। বৃটিছ চৰকাৰে কংগ্ৰেছ দলক বেআইনী ঘোষনা কৰি কংগ্ৰেছৰ আগশাৰীৰ নেতাক গ্ৰেপ্তাৰ কৰে৷ মৌলানা তৈয়বুল্লা,বিষ্ণুৰাম মেধি, ফখৰুদ্দিন আলী আহমেদ, দেৱেশ্বৰ শৰ্মা, গোপীনাথ বৰদলৈ, সিদ্ধিনাথ শৰ্মাৰ প্ৰমুখ্যে প্ৰায়সকল অসম কংগ্ৰেছৰ নেতা গ্ৰেপ্তাৰ হয়৷ 
এনে গ্ৰেপ্তাৰৰ প্ৰতিবাদত আৰু জীৱন পণ কৰি হ’লেও স্বাধীনতা অৰ্জনৰ হকে অসমৰ নগৰে-চহৰে, গাঁৱে-ভুঞে হেজাৰ বিজাৰ জনতাই অহিংস বিক্ষোভ প্ৰদৰ্শন কৰি ৰাজপথলৈ ওলাই আহে। বৃটিছৰ বিৰুদ্ধে অসমৰ জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভ আৰু প্ৰতিবাদে বিস্ফোৰণক ৰূপ লয়। দৰং জিলাৰ গহপুৰ থানাত ত্ৰিৰংগা পতাকা তুলিবলৈ যাওঁতে সমদলৰ নেতৃত্ব লোৱা পাটগাভৰু কনকলতাই আৰু তেওঁৰ এগৰাকী যুৱ সতীৰ্থ মুকুন্দ কাকতিৰ সৈতে পুলিচৰ গুলীত প্ৰাণ হেৰুৱায়।সেই চনৰে ২০ ছেপ্টেম্বৰত ঢেকীয়াজুলিত পুলিচৰ গুলীচালনাত তেৰজন লোক নিহত হয়।নগাওঁ জিলাৰ বেবেজীয়া আৰু ৰহাত পুলিচৰ গুলীত নিহত হয় হেমৰাম বৰা আৰু কলাই কোঁচ। বৰঢ়মপুৰৰ গুলীচালনাৰ ঘটনাত ভোগেশ্বৰী ফুকননী, লক্ষী হাজৰিকা, বলো সুত, ঠগী সুত আদিয়ে প্ৰাণ হেৰুৱায়। সৰুপথাৰৰ চাংপুলত ৰেল বগৰোৱাৰ বাবে দোষী সাব্যস্ত কৰি কুশল কোঁৱৰক বৃটিছে ফাঁচী দিয়ে।কাৰাগাৰৰ ভিতৰতে দেহত্যাগ কৰে মহান দেশপ্ৰেমিক বীৰ কমলা মিৰিয়ে। গোৱালপাৰা জিলাৰ দুখীয়া খেতিয়ক নিধানু ৰাজবংশীও পুলিচৰ গুলীত নিহত হয়। জোঙালবলহুৰ গুলী চালনাৰ ঘটনাত শ্বহীদ হয় হেমৰাম পাটৰ আৰু গুণাভি বৰদলৈ। বাৰপূজীয়াত অসীম সাহস দেখুৱাই জীৱন আহুতি দিয়ে তিলক ডেকাই।প্ৰায় ২৪ জনৰো অধিক লোক বিয়াল্লিছৰ গণ আন্দোলনৰ সময়ত অসমত শ্বহীদ হয়।
পুলিচৰ গুলী আৰু লাঠীচালনাত বহুতো লোক আহত হয়। বহুতেই ঘূণীয়া হয়। বহুতে কৰাবাস খাটিবলগীয়া হয়। 

বৃটিছক দ্বিতীয় বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া মহম্মদ ছাদুল্লাই পুনৰবাৰ অসমত চৰকাৰ গঠন কৰে যদিও অসমত সাম্প্ৰদায়িক কাৰ্য্য-কলাপ ক্ৰমাৎ বৃদ্ধি হয়। ১৯৪৪ চনত জেলৰ পৰা ওলায়েই গোপীনাথ বৰদলৈয়ে আন আন নেতাৰ সহায়ত ছাদুল্লা চৰকাৰৰ বিৰোধিতা কৰিবলৈ ধৰে। উপায়হীন হৈ মহম্মদ ছাদুল্লাই বৰদলৈৰ সৈতে আলোচনা কৰি এখন চুক্তি সম্পন্ন কৰে। এই চুক্তিৰ আধাৰত চৰকাৰে সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, সভা-সমিতি বা শোভযাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা, পমুৱা মুছলমানৰ পুনৰ্সংস্থাপন প্ৰক্ৰিয়া শুদ্ধ কৰা আদিৰ প্ৰস্তাৱ দিয়ে। 

১৯৪৫ চনৰ জুলাই মাহত বৃটিছে আঞ্চলিক আৰু কেন্দ্ৰীয় নিৰ্বাচনৰ পিছত ভাৰতৰ বাবে এক নতুন সংবিধান ৰচনা কৰাৰ কথা ঘোষণা কৰে। অসম কংগ্ৰেছে ১৯৪৬ চনৰ নিৰ্বাচনত অংশ লৈ ১০৮টা আসনৰ ভিতৰত ৬১ টাত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু চৰকাৰ গঠন কৰে৷ কংগ্ৰেছ দলৰ নেতা গোপীনাথ বৰদলৈ সৰ্বসন্মতভাৱে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। 

উপসংহাৰ:-
=========
দেখা যায় যে ১৯৪২ চনৰ গণ আন্দোলনেই প্ৰকৃততে ভাৰতত বিদেশী শাসনৰ অৱসান নিশ্চিত কৰে। ইয়াৰ পৰবৰ্তী সময়ত চলা নিৰবিচ্ছন্ন স্বাধীনতা সংগ্ৰামৰ উত্থান পতনৰ পৰিণতত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে। ইংৰাজৰ অধীনৰ পৰা মুক্ত হৈ ভাৰতত স্বদেশী শাসনৰ বাট মুকলি হয় আৰু অসমত গোপীনাথ বৰদলৈৰ নেতৃত্বতে দেশৰ স্বাধীনতাৰ পিছত অসম মন্ত্ৰীসভাৰ কাম কাজ চলে৷



পৃষ্ঠাঃ ১১

প্ৰৱন্ধঃ
বীৰাংগনা কনকলতা

অভিলাষা ভট্টাচাৰ্য্য
দশম শ্ৰেণী, হলিফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, টীয়ক 

ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অসমৰ বীৰ-বীৰাংগনাসকলৰ অৱদান আছিল উল্লেখযোগ্য ৷ 'তৰিলে দেশ মৰিলে স্বৰ্গ' এনে বাণীৰে উদ্বুদ্ধ হৈ অসমৰ বহুকেইজন স্বদেশ প্ৰেমিয়ে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি দেশমাতৃৰ বাবে প্ৰাণাহুতি দিয়ে ৷ ভাৰত বুৰঞ্জী আৰু অসম বুৰঞ্জীত লিপিৱদ্ধ থকা তেনে বীৰ-বীৰাংগনাসকলৰ ভিতৰত এগৰাকী অন্যতম সাহসী বীৰাংগনা আছিল কনকলতা বৰুৱা ৷ ১৯২৪ চনৰ ১২ ডিচেম্বৰত দৰং জিলাৰ বৰঙাবাৰীত জন্মগ্ৰহণ কৰা কনকলতাই সৰুতেই পিতৃ-মাতৃক হেৰুৱাই মাহীমাক আৰু ককাদেউতাকৰ ছত্ৰছাঁয়াত ডাঙৰ হৈছিল ৷ প্ৰাইমেৰী বিদ্যালয়লৈকে পাঠগ্ৰহণ কৰি শিক্ষাজীৱন আধৰুৱা কৰা কনকলতা আছিল এগৰাকী স্বাস্থ্যবান আৰু কৰ্মঠ গাভৰু ৷ কমবয়সতে ঘৰুৱা কামত পাকৈত হৈ পৰা কনকলতাৰ বিনয় আৰু নম্ৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল ৷ ককাকৰ মুখত গান্ধীজীৰ অহিংস নীতি আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ কথা শুনি কনকলতাই গান্ধীৰ অহিংসনীতিৰ প্ৰতি আকৃষ্ট হৈ পৰে ৷ ১৯৪২ চনৰ কথা ৷ যিসময়ত গণ আন্দোলনে দেশব্যাপী ব্যাপক ৰূপ ধাৰণ কৰিছিল , সেইসময়ত ওঠৰ বছৰীয়া কনকলতাই বৃটিছৰ শোষণ নীতিৰ কথা ভালদৰে বুজিব পৰা হৈছিল ৷ দেশমাতৃক বৃটিছৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ বাবে মনত এক সংকল্প গঢ়ি তোলে ৷ কিন্তু ছোৱালী হোৱা বাবে বহুক্ষেত্ৰত আগবাঢ়িও থমকি ৰ’ব লগা হৈছিল৷ অৱশেষত দৃঢ়মনা কনকলতাই আন্দোলনৰ স্বেচ্ছাসেৱিকা ৰূপে যোগদান কৰিলে ৷ ১৯৪২ চনৰ ৮ আগষ্টত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰিলে ৷ ভাৰতবৰ্ষক ভাৰতবাসীৰ হাতত গটাই বৃটিছক ভাৰতৰ পৰা গুচি যাবলৈ নিৰ্দেশ দিয়ে ৷ ইতিমধ্যে স্বাধীনতা আন্দোলনে চৰম পৰ্য্যায়ত উপনীত হ’ল ৷ দেশজুৰি হিংসাৰ দাবানল জ্বলিল ৷ ভাৰতবাসীয়ে অহিংস নীতিৰে আন্দোলনত জঁপিয়াই পৰিল ৷ ভাৰতৰ বহুকেইজন আগশাৰীৰ নেতাক বন্দী কৰাৰ লগে লগে অসমতো গোপীনাথ বৰদলৈ, ফকৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা আদি নেতাক বন্দী কৰিলে ৷ বৃটিছে কংগ্ৰেছ কমিটিক বে-চৰকাৰী সংগঠন বুলি ঘোষণা কৰি সংগ্ৰাম দমনৰ বাবে পুলিচ, মিলিটেৰী নিয়োগ কৰিলে ৷ দেশৰ জনগণে হিংসাই হওক বা অহিংসাই হওক বৃটিছক ভাৰত ভূমিৰ পৰা খেদাবৰ বাবে উঠি পৰি লাগিল ৷ বিপ্লৱী জনতাই 'মৃত্যুবাহিনী' গঠন কৰি আন্দোলনৰ পথ সলনি কৰিলে ৷ জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীপ্ৰসাদ গোস্বামী, শংকৰ বৰুৱা আদিয়ে আত্মগোপন কৰি স্বাধীনতা আন্দোলনৰ জুই তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলিলে ৷ অসমৰ বিভিন্ন অঞ্চলত নিৰস্ত্ৰ সত্যাগ্ৰহীৰ ওপৰত পাশৱিক অত্যাচাৰে জনগণক বিদ্ৰোহী কৰি তুলিলে ৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত আন্দোলনৰ কাৰ্যসূচী আছিল থানা কাছাৰীত বৃটিছৰ পতাকা নমাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা ৷ এনে বিপজ্জনক কায্যসূচীত অংশ গ্ৰহণৰ বাবে সাহসী কৰ্মীৰ প্ৰয়োজন আছিল ৷দৰং জিলাৰ আন্দোলনৰ অন্যতম নায়ক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা, অমিয় কুমাৰ দাস আৰু পুষ্পলতা দাস ৷ গহপুৰ আৰু ঢেকিয়াজুলিত পুষ্পলতা দাসে অগ্নিবৰ্ষা বক্তৃতা প্ৰদানেৰে জনগণক উৎসাহিত কৰি তুলিলে ৷ সকলোৱে উদাত্ত চিত্তে নিৰ্ভীকতাৰে আন্দোলনত অংশ গ্ৰহণৰ বাবে আগুৱাই আহিল ৷ ২০ ছেপ্তেম্বৰৰ সমদলত যোগদান কৰিবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই কনকলতাক আহ্বান জনোৱাত কনকলতা অতিশয় আনন্দিত হৈছিল ৷ পুষ্পলতা দাসে কনকলতা কম বয়সীয়া বাবে মৃত্যুবাহিনীত অংশ লোৱাত বাধা প্ৰদান কৰিছিল ৷ কিন্তু কনকলতাৰ গাত আছিল মূলা গাভৰুৰ তেজ আৰু মনত আছিল প্ৰবল দেশপ্ৰেম আৰু সাহস ৷ তাতে মহাত্মা গান্ধীৰ 'তৰিম কিম্বা মৰিম' বোলা বাণীয়ে কনকলতাৰ বুকু ডাঠ কৰি পেলাইছিল ৷ ককাকৰ পৰা সত্যাগ্ৰহ কৰিবলৈ যাবলৈ অনুমতি লোৱা কনকলতাই মহিলা নেত্ৰী পুষ্পলতা দাসক কৈছিল "প্ৰতিগৰাকী নাৰীৰ অন্তৰত দেশাত্মবোধ আছে ৷ তেওঁলোকে নিজৰ দেশ আৰু জাতিক ভাল পায় ৷ ময়ো ভালপোৱাৰ বিনিময়ত সকলোতকৈ আগত ত্ৰিৰংগ পতাকা লৈ গহপুৰ থানাত প্ৰৱেশ কৰিম"৷ কনকলতাই সাহসী বাণীৰে যুৱতীসকলক অনুপ্ৰাণিত কৰিলে ৷ সকলো গহপুৰ থানা অভিমুখে যাত্ৰা কৰিলে ৷ দিনৰ এঘাৰ বজাত সমদলটো থানাৰ সন্মুখত হাজিৰ হ’ল ৷ আটাইকে পুলিচে আগচি ধৰিলে ৷ কনকলতাই বাট এৰি দিবলৈ অনুৰোধ কৰিছিল ৷ কিন্তু বৃটিছ চৰকাৰৰ গোড়া পুলিচসকলে এখোজো আগুৱাবলৈ নিদিলে ৷ কনকলতাই উত্তেজিত হৈ বাধা নামানি চৌহদত প্ৰৱেশ কৰি হাতৰ পতাকাখন উত্তোলন কৰিবলৈ চেষ্টা কৰোঁতে দাৰোগাৰ পিষ্টল বাজি উঠিল ৷ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰেৱতী মোহন সোমৰ নিৰ্দেশত বাজি উঠা পিষ্টলৰ গুলীয়ে কনকলতাৰ কোমল বুকু ভেদ কৰি দেশপ্ৰেমৰ ৰক্ত নিৰ্গত কৰিলে ৷ হাতৰ পৰা ত্ৰিৰংগ পতাকাখন পৰি যোৱাৰ লগে লগে 'বন্দে মাতৰম' ধ্বনিৰে যুৱক মুকুন্দ কাকতিয়ে পতাকাখন তুলি ধৰিলে ৷ মুকুন্দ কাকতিৰ শৰীৰতো পিষ্টলৰ গুলী লাগিল ৷ কনকলতাৰ লগতে মুকুন্দ কাকতিয়েও স্বদেশৰ বাবে জীৱন উৎৰ্সগা কৰিলে ৷ এগৰাকী কম বয়সীয়া যুৱতীৰ জীৱন ত্যাগ আৰু সাহসৰ বাবে কোটি কোটি ভাৰতবাসী আজিও গৌৰৱান্বিত ৷ জীৱনত কৰি যোৱা বহু কামৰ ভিতৰত কেতিয়াবা এটা কামে মানুহৰ জীৱনলৈ তথা দেশবাসীৰ বাবে বহুমূলীয়া অৱদান যোগায় ৷ কনকলতা বৰুৱাই দেশৰ হকে জীৱন বলিদান দি মহীয়সী নাৰীৰ মাজত স্থান লাভ কৰি ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ল ৷ অসম আৰু অসমীয়া সমাজত কনকলতাৰ দেশপ্ৰেম সদায় অমৰ হৈ থাকিব আৰু নৱ-প্ৰজন্মৰ বাবে প্ৰেৰণা আৰু আৰ্দশ হৈ ৰ’ব ৷




পৃষ্ঠাঃ ১২


ভাৰতৰ স্বাধীনতা আন্দোলনত
অসমীয়া সমাজৰ অৱদান

শ্যামলিমা কাকতি
নতুন দিল্লী

"আই মোৰ জননী,
তোমাৰ বুকুত শুই পৰা,
ক'তজন সন্তানৰ আলোকেৰে,
আজিও হৈ আছে জীৱন তেজস্বী।।"

আমি আজি মুক্ত আকাশৰ তলত, মুকলি মনেৰে নিজৰ কৰণীয় কৰি গৈছোঁ। বছৰৰ এটা বা দুটা দিনত মুক্তিৰ পথ দেখুৱাই যোৱা বীৰ সকলক স্মৰণ কৰি নিজৰ কৰ্তব্য পালন কৰা হ'ল বুলি সান্ত্বনা লভিছো! এনেকৈয়ে ন্যায় কৰিমনে, নিজৰ সৰ্বস্ব ত্যাগ কৰি যোৱা আই মাতৃৰ কোলাত শুই পৰা বীৰ সন্তান সকলৰ লগত!

স্বাধীনতা আন্দোলন বুলিলে সাধাৰণতে বিখ্যাত ৰাজনৈতিক নেতা সকলৰ ছবিয়েই চকুৰ আগত ভাঁহি আহে। অতীতৰ গৰ্ভত অলপ আগুৱাই গৈ আলোকপাত কৰিবলৈ চেষ্টা কৰোঁ আহক।

অসমৰ স্বাধীনতা আন্দোলনৰ সময়ৰ কথা ক'বলৈ হ'লে, ১৮২৮ চনৰ পৰা ১৯৪২ চনলৈ চাৰিটা ভাগত ভাগ কৰিব পৰা যায়।

প্ৰথম পৰ্যায়ত বুলিলে, ১৮২৮ চনৰ পৰা ১৮৫৭ চনৰ ভিতৰৰ সময় খিনি ধৰিব পৰা যায়। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ ফল স্বৰূপে অসমখন ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। ডেৰ কুৰি বছৰ ধৰি হেৰোৱা স্বাধীনতা ঘূৰাই আনিবলৈ, পুনৰ আহোম ৰাজত্ব স্থাপন কৰিবলৈ গমধৰ কোঁৱৰ, জীউৰাম দুলীয়া আদি প্ৰমুখ্য ব্যক্তিৰ নেতৃত্বত অহৰহ সংগ্ৰাম চলোৱা হৈছিল। এই সময়তে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ নেতৃত্বত হোৱা বিদ্ৰোহৰ ফল স্বৰূপে ১৮৩০ চনত ব্ৰিটিছ চৰকাৰে দুয়োজন সংগ্ৰামী নেতাক ফাঁচীকাঠত ওলোমাই হত্যা কৰিছিল। ১৮৫৭ চনত ব্ৰিটিছক ওফৰোৱাৰ ষড়যন্ত্ৰ কৰাৰ অপৰাধত আন দুজন মহান স্বাধীনতা সংগ্ৰামী নেতা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটত ফাঁচী দিয়া হৈছিল।

দ্বিতীয় পৰ্যায় বুলিলে, ১৮৫৮ চনৰ পৰা ১৮৯৪ চনলৈ, ব্ৰিটিছ চৰকাৰৰ শোষণ নীতিৰ বিৰুদ্ধে ব্যাপক কৃষি বিদ্ৰোহ আৰম্ভ হৈছিল। বিশেষকৈ মাটিৰ খাজনা বঢ়াই সাধাৰণ জনতাক কৰা অত্যাচাৰৰ ফল স্বৰূপে ১৮৬১ চনত নগাঁৱৰ ফুলগুৰিত, ১৮৯৪ চনত দৰং জিলাৰ পথৰুঘাটত,  ১৮৯৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াত আৰু নলবাৰী, বজালী, বৰপেটাকে ধৰি বিভিন্ন ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। সেই সময়তে দৰং জিলাৰ পথৰুঘাট অঞ্চলত প্ৰায় ১৪০ জন লোকে প্ৰাণ হেৰুৱাইছিল। ৰঙিয়াত প্ৰায় ২৭ জন লোক পুলিচৰ গুলীত নিহত হৈছিল।

১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱাত , অসমতো নৱ জাতীয়তাবাদী ভাবধাৰাৰ আগমন ঘটে। পশ্চিমীয়া শিক্ষাৰ সংস্পৰ্শলৈ অহা এচাম অসম সন্তানৰ প্ৰচেষ্টাত এই ভাৱধাৰা অসমবাসীৰ মাজত শিপা মেলিছিল।

তৃতীয় পৰ্যায়ত, ১৮৯৪ৰ পৰা ১৯২০ চনলৈ, এই সময়খিনিত অসমীয়া সমাজত জাতীয় ভাৱধাৰাৰ আলোড়ন প্ৰৱল হৈ উঠিছিল। অসমীয়া ভাষা সাহিত্য, সংস্কৃতিকে আদি কৰি, সমাজৰ বিভিন্ন দিশৰ আধুনিক চিন্তা-চৰ্চা আৰু বিজ্ঞানসন্মত ভাৱধাৰাৰ বিকাশ ঘটে। এই কালছোৱাত ব্ৰিটিছ চৰকাৰৰ শাসনৰ বিৰুদ্ধে প্ৰত্যক্ষ ভাৱে সংগ্ৰাম চলোৱা হোৱা নাছিল যদিও, সুসংগঠিত বিদ্ৰোহৰ বাবে দেশৰ মানসিক প্ৰস্তুতিৰ বিস্তাৰ সাধন হৈছিল।



পৃষ্ঠাঃ ১৩


চতুৰ্থ পৰ্যায়ত, ১৯২১ চনৰ পৰা ১৯৪২ চনলৈকে, এই সময় খিনিত অসমৰ স্বাধীনতা আন্দোলন, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাই সুঁতিৰ লগতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত অসমেও সঁহাৰি জনালে। যুৱনেতা চন্দ্ৰনাথ শৰ্মাৰ নেতৃত্বত অসমৰ ছাত্ৰ সমাজে, গান্ধীজীৰ আহ্বানক সঁহাৰি জনাই নাগপুৰ কংগ্ৰেছ অধিৱেশনত যোগদান কৰিছিল। ১৯২১ চনত অসমৰ ছাত্রসমাজে শিক্ষানুষ্ঠান বৰ্জন কৰি কংগ্ৰেছৰ কাম-কাজত আত্মনিয়োগ কৰিছিল। ১৯২১ চনতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমখন অধিৱেশন বহিছিল আৰু গুৱাহাটীৰ পাণ্ডুত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশনো পাতিছিল। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন আৰু কুলধৰ চলিহা- এই ত্ৰিমূৰ্তিয়েই তেতিয়া অসম কংগ্ৰেছৰ লাইখুটা আছিল।

সেই সময়ছোৱাতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, অম্বিকাগিৰী ৰায়চৌধুৰীৰ দেশপ্ৰেমী মূলক ৰচনাই অসমৰ ৰাইজৰ বিপ্লৱী সত্তাক প্ৰেৰণা যোগাইছিল। ৰাজ্যখনৰ স্বাধীনতা সংগ্ৰামে ব্যাপকতা লাভ কৰি , ১৯৪২ চনত সৰ্বাত্মক গণ আন্দোলন ৰূপে পৰিগণিত হৈছিল।

১৯৪২ চনৰ ৮ আগষ্টত কংগ্ৰেছৰ "ভাৰত ত্যাগ" আন্দোলন আৰম্ভ হোৱাত, অসমতো ব্যাপক প্ৰসাৰ লাভ কৰিছিল। ১৯৪২ চনৰ ১৮ ছেপ্টেম্বৰৰ দিনাখন বৰহমপুৰত শান্তি শিবিৰত ভোজভাতৰ সময়ত, পুলিচে মানুহৰ ওপৰত লাঠিচালনা কৰে। দুয়োপক্ষৰ টনা-আজোৰাৰ লগতে মিলিটাৰীয়ে কৰা গুলীচালনাত কেবাজনো লোক মৃত্যুবৰণ কৰিছিল আৰু আন কেবাজন আহত হৈছিল। দৰং জিলাৰ গহপুৰ থানাত ত্ৰিৰংগা পতাকা তুলিবলৈ যাওঁতে সমদলৰ নেতৃত্বত থকা পাটগাভৰু কনকলতা আৰু মুকুন্দ কাকতিয়ে পুলিচৰ গুলীত প্ৰাণ হেৰুৱাইছিল। একেটা বছৰৰ ২০ছেপ্টেম্বৰৰ দিনাখন চতিয়া, বৰবিল, নাহৰবাৰী, জহামৰী আদি গাঁওৰ হেজাৰ হেজাৰ লোকে, ঢেকিয়াজুলি থানাত পতাকা তুলিবলৈ যাওঁতে, পুলিচৰ লাঠিচালনাত বহুতো আহত হয় আৰু গুলীচালনাৰ ফলত মহীৰাম কোঁচ, ভোগেশ্বৰী ফুকননী, লক্ষী হাজৰিকা, বলো সূত, ঠগী সূত আদিকে ধৰি ১৩জন লোক নিহত হয়। সৰুপথাৰৰ ৰেল দূৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল। কাৰাগাৰতে মৃত্যুক  আঁকোৱালি ল'য় মহান দেশপ্ৰেমি বীৰ কমল মিৰিয়ে। স্বদেশ প্ৰেমৰ খাতিৰত বহুতো লোক গোটেই জীৱনৰ বাবে ঘূণীয়া হয়। ইয়াৰ ফলশ্ৰুতি হিচাপেই ১৯৪৭ চনৰ ১৫ আগষ্টত দিনাখন ইংৰাজ শাসনৰ আন্ত হয় আৰু দেশত স্বাধীন পতাকা উৰে‌‌।

ক'তজনৰ তেজেৰে ৰাঙলী ইতিহাস; আইৰ বাবে হাঁহি হাঁহি নিজৰ সকলো ত্যাগ কৰা বীৰ সকলৰ বলিদান আমাৰ  স্বাধীনতাৰ মূল আধাৰ। তথাপিও কিয় পাহৰি যাওঁ মুক্ত আকাশখন সিপাৰৰ ইতিহাস! এটা বা দুটা দিনৰ বাবেই নহয়, এই বলিদানী বীৰ, বীৰাঙ্গনা হওক , জীৱনৰ প্ৰতি ক্ষণৰ অনুপ্ৰেৰণাৰ গতিধাৰ।।

(বুৰঞ্জীৰ সহায় লৈ)



পৃষ্ঠাঃ ১৪

পৱিত্ৰ ৰিষ্টাৰ পৰা অপৱিত্ৰ মৃত্যুলৈ
দ্য ষ্টৰি আনটলড্

ৰিদীপজ্যোতি কলিতা
গৱেষক ছাত্ৰ
গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী-১৪ 
দুৰাভাষ: ৬০০১৫৮১৫৭২

মানুহৰ স্বাভাৱিক মৃত্যুয়ে মনত এক ধৰণৰ আধ্যাত্মিক ভাৱৰ বুৰবুৰণি তোলে। এই মৃত্যুক এক চিৰন্তন সত্য হিচাপে সকলোৱে সাহসেৰে আৰু পবিত্ৰতাৰে আকোঁৱালি লয়। আনকি মোক্ষ বা মুকুতিৰ দৰে পবিত্ৰ বস্তুৰ সন্ধানো তাত বিচাৰি পায় একাংশই। কিন্তু আত্মহত্যাই তেনে ভাব কঢ়িয়াই নানে। কাৰোবাৰ আত্মহত্যাই মানুহৰ মনত নেতিবাচক প্ৰভাৱেই পেলাই, লাগিলে তাৰ কাৰণ যিয়েই নহওঁক। সুশান্ত সিং ৰাজপুত নামৰ যুৱ অভিনেতাজনৰ আত্মহত্যাৰ ঘটনাটোৱেও স্বাভাৱিকভাৱেই আমাক হতাশ কৰিছে। দুখ আৰু হতাশা যিমানেই গভীৰ নহওঁক কিয় এই ধৰণৰ জীৱনৰ পৰিসমাপ্তি অতি মৰ্মান্তিক আৰু নেতিবাচক। ইতিমধ্যেই সুশান্তৰ মৃত্যুৰ কাৰণক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাইজৰ মাজত। এই আত্মহত্যাৰ আঁৰত পৰিয়ালকেন্দ্ৰিক বিবাদ, প্ৰেমৰ ব্যৰ্থতা, নে বলিউডৰ লজ্জাজনক লবীকেন্দ্ৰীক ৰাজনীতি আৰু স্বজনপ্ৰীতি (Nepotism)? সমগ্ৰ দেশ বিশেষকৈ চিনেৰসিক বৰ্তমান উত্তাল হৈ আছে এই প্ৰশ্নক লৈ। আশাব্যঞ্জক কথা যে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে আৰু অব্যাহত আছে। 

এই স্বজনপ্ৰীতি (Nepotism) কালচাৰ যে বলিউডত দীৰ্ঘদিন ধৰি দপ‌্দপাই আছে আৰু ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই আছে সেয়া সময়ে সময়ে চৰ্চালৈ আহে। কিন্তু সুশান্তৰ মৃত্যুৰ পিছত এই বিষয়টোৱে সমগ্ৰ দেশতেই ব্যাপকভাৱে চৰ্চিত হৈছে। মায়ানগৰী বুলি এনেয়ে নকয় মুম্বাইক। গ্লেমাৰ আৰু ৰং-বিৰঙৰ পৃথিৱীখনৰ আঁৰত এখন অন্য পৃথিৱী লুকাই আছে। তাৰকাৰ সন্তানবোৰক ঢাক ঢোল বজাই চিনেমাত প্ৰবেশ কৰোৱা (grand debut), অভিনয় নৃত্য একো নজনাৰ পিছতো বাৰ বাৰ আত্মীয়বোৰক সুযোগ দি যোৱা আৰু অন্যহাতে কষ্ট আৰু সাধনাৰ দীঘল বাট বাই অহা নিভাজ প্ৰতিভাবোৰক এলাগি কৰি ৰখা আৰু সুযোগ পালেই লেং মাৰি বগৰাই দিয়া কাৰ্য্যবোৰ তেনেই সাধাৰণ কথা এই জগতখনত। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি "এক্স" পৰিচালক জনৰ লগত কাম কৰিলে "ওৱাই" পৰিচালক জনে বেয়া পোৱা বা শিল্পীজনক ভৱিষ্যতে বয়কট কৰা আদিৰ দৰে লবীকেন্দ্ৰীক কথাবোৰ আছেই। এই ধৰণৰ জটিল কথা বতৰা বোৰৰ মাজত কেতিয়াবা সৰল মনৰ শিল্পী কলাকুশলী পাকঘূৰণি খাই পৰাটো তেনেই স্বাভাৱিক কথা। সুশান্ত সিং ৰাজপুতো এইবোৰৰ চিকাৰ হৈছিল নেকি ? প্ৰশ্নটোৱে সদায় আমাক আমনি কৰি থাকিব উত্তৰ নোপোৱা পৰ্য্যন্ত। যোৱা কিছু মাহ ধৰি চিকিৎসকৰ তত্বাৱধানত নিয়মিত মেডিচিন লৈ থকা সুশান্তৰ হতাশা স্পষ্টকৈ ধৰা পৰিছিল পৃথিৱীৰ পৰা ইতিমধ্যেই আঁতৰি যোৱা তেওঁৰ মাকৰ নামত কৰা শেষৰ টুইটটোত। এই হতাশাৰ কাৰণ হিচাপে আলোচনাৰ মাজলৈ আহিছে অন্য এটা টুইট। যোৱা ২৭ ফেব্ৰুৱাৰীত "KRK Box office" নামৰ টুইটাৰ একাউন্টটোৰ পৰা টুইট কৰা হৈছিল ৬টা বিয়াগোম বেনাৰে সুশান্ত সিং ৰাজপুতক বয়কট কৰা বুলি। কিন্তু নেপটিজম আৰু লবীকেন্দ্ৰীক ৰাজনীতি অকল চিনেমা উদ্যোগতেই নে ? নিশ্চয় নহয়। ই সাহিত্য, ৰাজনীতি আৰু শিক্ষা জগত, এই আটাইবোৰকেই সামৰি লৈছে। অৱশ্যে সুশান্তৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য আৰু কাৰণ সঠিক আৰু নিৰ্ভেজাল তদন্তইহে আমাক দিব পাৰিব। 

স্বজনপ্ৰীতি বা লবীকেন্দ্ৰীক সংস্কৃতিক সমালোচনা কৰিলেও এইটো কথাও স্বীকাৰ কৰিব লাগিব যে সঁচা প্ৰতিভাৰ কদৰ আৰু মূল্য এতিয়াও বলিউডত কিছু পৰিমানে নিশ্চয় আছে। এইখন বলিউডতেই প্ৰতিভাশালী এচাম ব্যক্তিয়ে নিজৰ কষ্টৰ বলতেই প্ৰতিষ্ঠা লাভ কৰি সুখ্যাতি অৰ্জন কৰিছে। মনোজ বাজপেয়ী, ইৰফান খান আদিৰ দৰে অভিনেতাসকলে বলিউডৰ এই লবীকেন্দ্ৰীক ৰাজনীতি আৰু স্বজনপ্ৰীতিৰ কুসংস্কাৰ নিজৰ প্ৰতিভাৰে উফৰাই দি প্ৰতিষ্ঠা লাভ কৰিব পাৰিছে। কংগনা ৰাণাউট নামৰ অভিনেত্ৰী গৰাকীয়েও খুব সাহসেৰে বলিউডৰ এই কুসংস্কাৰৰ বিৰুদ্ধে যুঁজি আছে। কংক্ৰিট আৰু দুৰ্গম পথ চাফা কৰি মনোজ বাজপেয়ী, ইৰফান খান, ৰাজকুমাৰ ৰাও আৰু কংগনা ৰাণাউটৰ দৰে শিল্পীসকলে যি পথ মুকলি কৰি দিছে সেই পথ এক আদৰ্শৰ পথ। এই পথত কষ্ট আছে, সংঘাট আছে, ঈৰ্ষা আছে কিন্তু তাৰ সমানে সমানে ইয়াত আছে জনতা জনাৰ্দনৰ স্বীকৃতি আৰু সন্মান। বলিউডত প্ৰতিষ্ঠা লাভ কৰিবলৈ সংঘৰ্ষ কৰি থকা উদিয়মান শিল্পী কলাকুশলীসকলে এই কথাবোৰ চালিজাৰি চাওঁক আৰু স্থিতপ্ৰজ্ঞ হৈ সুনিৰ্দিষ্ট লক্ষ্য অভিমুখে বাট লওঁক।




পৃষ্ঠাঃ ১৫

অন্যত্ৰ বিৰলা দেৱী
(প্ৰথম খণ্ড)

প্ৰণৱ ফুকন
নতুন দিল্লী
ভ্ৰাম্য ঃ৮৮২৬৮০৩০৩০

“অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে”

কামৰূপ অৰ্থাৎ, অসম ৰাজ্য অতি মহিমামণ্ডিত; ইয়াতে দেৱীৰ কামাখ্যা ধাম আছে ৷ কামৰূপ ৰাজ্য দেৱীৰ অতি প্ৰিয়; নহ’লেনো বিষ্ণুৰ সুদৰ্শন চক্ৰই কাটি যাওতে যি দেৱীৰ অঙ্গ সিচৰিত হৈ ভাৰতৰ বিভিন্ন ঠাইত পৰিছিল, সেই দেৱীৰ দুটাকৈ অঙ্গ কামৰূপ ৰাজ্যত পৰিলহেঁতেন নে ? কামখ্যাৰ যোনিপীঠৰ উপৰিও দীৰ্ঘেশ্বৰীত দেৱীৰ নুপুৰ খোদিত মন্দিৰেই ইয়াৰ প্ৰমাণ ৷ এই দেৱীৰ প্ৰভাৱত অসমৰ প্ৰতি গৰাকী নাৰীয়েই দেৱীতুল্যা হৈ পৰে ৷ সেয়ে যি দেৱীক বিচাৰি আন ঠাইৰ মানুহে তপস্যা কৰিব লাগে, কামৰূপত প্ৰতি ঘৰে ঘৰে, গৃহলক্ষ্মী ৰূপে এই দেৱীক পোৱা যায় ৷

কামৰূপ বা অসমৰ ঐতিহ্যমণ্ডিত ইতিহাসত আমি পাওঁ অনেক নাৰীৰ অৱদানৰ কথা ৷ এই ৰাজ্যৰ দেৱীস্বৰূপা নাৰীয়ে নিয়তিৰ সৈতে, যমৰ সৈতেও ৰণ দিবলৈ পিছ নোহোঁহকে; তাৰেই প্ৰমাণ দাঙি থৈ গ’ল সতী বেউলাই, যাৰ কাষত যম ৰজায়ো পৰাজয় স্বীকাৰ কৰিলে ৷ বেউলাক সহায় কৰি নেতাই ধুবুনীৰ দৰে এগৰাকী সাধাৰণ নাৰীয়ে অসাধাৰণতাৰ দৃষ্টান্ত এৰি গ’ল ৷ 

অসমীয়া জাতিৰ জনকস্বৰূপ শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্ম হয় ১৪৪৯ খ্ৰীঃত বৰদোৱাৰ আলিপুখুৰীত কুসুম্বৰ বৰভূঞাৰ ঔৰসত সত্যসন্ধা দেৱীৰ গৰ্ভত ৷ সৰুতে পিতৃ-মাতৃহাৰা হোৱা শঙ্কৰক বুঢ়ীমাক খেৰসূতিয়ে বুকুত বান্ধি ডাঙৰ কৰে আৰু বাৰ বছৰ বয়সত নি অনন্ত কন্দলিৰ টোলত থৈ আহে ৷ এইগৰাকী বুঢ়ীমাকে নিজৰ ভাগৰ মৰমৰ উপৰিও মাক-বাপেকৰ মৰম নিদিয়া হ’লে অসমীয়া জাতি অনাথ হ’লহেঁতেন ৷

আহোম শক্তিৰ হাতত চুটীয়াসকল পৰাজিত হোৱাত সতী সাধনীয়ে কুবেৰ প্ৰদত্ত সম্পদ বুকুত বান্ধি ৰত্নগিৰি পাহাৰৰ পৰা লোহিত নৈত জাঁপ দি আত্মজাহ দিয়ে ৷ সতীৰ শৰীৰ দেৱীৰ শৰীৰত মিলিত হ’ল বুলি ক’ব পাৰি, কাৰণ সেই শৰীৰ আৰু কুবেৰ প্ৰদত্ত সম্পদ কেতিয়াও বিচাৰি পোৱা নগ’ল ৷ 

নিজ পত্নীয়ে একে ৰাতিৰ ভিতৰতে সূতা কাটি বৈ দিয়া কবচ-কাপোৰে যুদ্ধত পতিক ৰক্ষা কৰে বুলি টাই-আহোম জনগোষ্ঠীৰ যি বিশ্বাস, সেয়া নিশ্চয় নাৰীৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধা আৰু মৰমৰে পৰিণতি ৷ তুৰ্বক খানৰ আক্ৰমণৰ সময়ত ৰজঃস্বলা অৱস্থাত থকা মূলা গাভৰুৱে কবচ- কাপোৰ বৈ দিব নোৱাৰিলে আৰু স্বামী ফ্ৰাচেং-মুং বুঢ়াগোঁহাই ৰণত পৰিল ৷ সাত দিনৰ পাছতহে মূলা গাভৰুৱে বাতৰি পালে ৷ স্বৰ্গদেউ চুহুংমুঙৰ অনুমতি সাপেক্ষে আৰু কেবাগৰাকী নাৰীকো লগত লৈ মূলা গাভৰু ৰণক্ষেত্ৰ পালেগৈ ৷ নাৰীশক্তিৰ অদ্ভূত বীৰত্বৰ প্ৰদৰ্শনত আহোম ফৌজ পুনৰুজ্জীৱিত হৈ উঠিল ৷ মূলা গাভৰুৱে ৰণক্ষেত্ৰত প্ৰাণ হেৰুৱালে হয়, কিন্তু তাৰ প্ৰত্যুত্তৰ তুৰ্বক খানে নিজ প্ৰাণেৰে দিব লগা হ’ল ৷

মিৰজুমল্লাৰ আক্ৰমণত আহোম সেনা পৰাজিত হয় আৰু বিজয়ী মোগল সেনা গড়গাঁও অভিমুখী হয় ৷ স্বৰ্গদেউ জয়ধ্বজ সিংহ ৰাজধানী এৰি নামৰূপলৈ পলায়ন কৰে ৷ বাটত এগৰাকী সাধাৰণ পোহাৰীয়ে লগ পাই তেওঁক তিৰষ্কাৰ কৰে ৷ এই কথাই প্ৰমাণ কৰে যে অসমীয়া নাৰী সদায়ে সম্পূৰ্ণ সজাগ আছিল আৰু প্ৰয়োজন বোধে ৰজাকো উচ্চ-বাচ্য কৰিবলৈ দ্বিধা বোধ কৰা নাছিল ৷

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত পানীৰ ভীষণ সমস্যাই দেখা দিলে ৷ স্বৰ্গদেৱে তাত এটা পুখুৰী খন্দোৱাৰ দায়িত্ব দিলে ভৰালী বৰুৱাক ৷ কিন্তু সকলো চেষ্টা ব্যৰ্থ কৰি পুখুৰীত পানী নোলাল ৷ ভৰালী বৰুৱাই ৰাতি সমাজিকত দেখিলে যে নিজৰ সৰু কুঁৱৰী, কমলা কুঁৱৰীক জলকুঁৱৰীলৈ উছৰ্গা কৰিলেহে পানী ওলাব ৷ এই কথা স্বৰ্গদেউক জনোৱাত এগৰাকী নাৰীক উছৰ্গা কৰাৰ কথাত স্বৰ্গদেউ কোনোমতেই মান্তি নহ’ল; কাৰণ এনে কামে নাৰীৰ তথা আহোম ৰাজশক্তিৰ মৰ্য্যাদা ক্ষুণ্ণ কৰিব ৷ কিন্তু ৰাইজৰ বাবে কমলা কুঁৱৰীয়ে নিজৰ জীৱন উছৰ্গা কৰিবলৈ মান্তি হ’ল ৷ কুঁৱৰী পুখুৰীত নমাৰ পাছত সকলোকে আচৰিত কৰি লাহেলাহে পানীৰে পুখুৰী ভৰি পৰিল ৷ ৰাইজৰ হকে এইগৰাকী নাৰীৰ আত্মত্যাগে এক বিৰল নিদৰ্শন ৰাখি গ’ল ৷ এই পুখুৰী আজিও ভৰালী বৰুৱা পুখুৰী নামে জনাজাত ৷




পৃষ্ঠাঃ ১৬

মিৰজুমলাৰ হাতত পৰাজিত স্বৰ্গদেউ জয়ধ্বজ সিংহই ১৬৬৩ চনৰ ১০ জানুৱাৰীত ঘিলাঝাৰীঘাটত মিৰজুমলাৰ সৈতে চুক্তি কৰাত মিৰজুমলা ঘূৰি যায় ৷ এই সন্ধিমতে অনেক ধন-সোণ, কৰ-কাটল মোগলক দিয়াৰ উপৰিও স্বৰ্গদেউৰ  ষোড়শী কন্যা মোহিনী আইদেউক মোগল হেৰেমলৈ আৰু ছবছৰীয়া জীয়ৰী নানচেং ওৰফে ৰমণী গাভৰুকো মোগল সম্ৰাটৰ পুত্ৰ আজমতাৰাৰ লগত বিয়াৰ বাবে পঠাব লগা হ’ল ৷ যথা সময়ত ৰমণীৰ বিয়া আজমতাৰাৰ লগত সম্পন্ন হয় আৰু ইচলাম ধৰ্মমতে ৰমণীৰ নামাকৰণ কৰা হয় ৰহমত বেগম ৷

১৬৭১ চনৰ শৰাইঘাটৰ ৰণত নৰীয়া গাৰেই ৰণ দিয়া লাচিতৰ নৰীয়াৰ উপশম নঘটিল আৰু ১৬৭২ চনত লাচিত মৃত্যুমুখত পৰে ৷ লাচিতৰ ককায়েক লালুকসোলাক এইবাৰ বৰফুকন পতা হয় ৷ সেই সময়ত ৰাজ্যৰ প্ৰকৃত ক্ষমতা আছিল সুদক্ষ বুঢ়াগোঁহাই আতনৰ হাততহে ৷ ক্ষমতালিপ্সু লালুকসোলাই ৰাজধানী গড়গাঁৱলৈ যোৱাৰ সুযোগ বিচাৰি ৰ’ল ৷ ১৬৭৯ চনত চুদৈফা ওৰফে পৰ্বতীয়া ৰজাৰ কালত লালুকসোলাই বঙ্গৰ মোগল প্ৰশাসক আজমতাৰাৰ সৈতে ষড়যন্ত্ৰ কৰে যে তেওঁ বিনাযুদ্ধে গুৱাহাটী মোগলক এৰি দিব; তাৰ বিনিময়ত মোগলে তেওঁক আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত কৰিব ৷ কিন্তু লালুকসোলাৰ বাটৰ হেঙাৰ হিচাপে ঠিয় হ’ল ৰমণী গাভৰু ৷ ৰমণী গাভৰুৱে লালুকসোলালৈ কঢ়া শব্দেৰে পত্ৰ প্ৰেৰণ কৰি লালুকসোলাক এনে গৰ্হিত কামৰ পৰা বিৰত থাকিবলৈ সকিয়াই দি স্পষ্ট কৰি দিয়ে যে নিজ মাতৃভূমি মোগলৰ অধীন হোৱাতো কোনোমতেই কাম্য নহয় ৷ এফালে আছিল মোগল হেৰেমত থাকিও মাতৃভূমিক ভাল পোৱা ৰমণী গাভৰু আৰু আনফালে স্বাৰ্থান্নেষী লালুকসোলা বৰফুকন ৷ সকীয়নি আওকাণ কৰি ১৬৭৯ চনৰ মাৰ্চ মাহত মোগলৰ হাতত গুৱাহাটী গটাই লালুকসোলা গড়গাঁও অভিমুখী হয় ৷ ৰমণী গাভৰুৰ স্বদেশপ্ৰীতি এক বিৰল দৃষ্টান্ত ৷

দেশৰ হকে সতী জয়মতীয়ে নিজৰ জীৱন বিসৰ্জন দিও পতি গদাপাণিক ৰক্ষা কৰাৰ কথা সৰ্বজনবিদিত ৷ কিন্তু গদাপাণি লালুকসোলা বৰফুকনৰ টেকেলাৰ পৰা লুকাই থাকোঁতে সাধাৰণ নাৰীসকলে দেশৰ হিতৰ বাবে গদাপাণিক কৰা সহায়ৰ কাহিনীয়ে অসমীয়া নাৰীৰ দেশপ্ৰেমৰ কথা জগতক জনায় ৷ এবাৰ টেকেলাৰ পৰা সাৰিবলৈ গদাপাণিয়ে এগৰাকী নাৰীৰ সহায় বিচাৰিলে ৷ নাৰীগৰাকীয়ে বুদ্ধি কৰি টেকেলাক ক’লে:

“ধিনদৌ বগৰী-পাত, 
এই পোনে নাহিবা ফুকনৰ টেকেলা, 
ৰিহা নাইকিয়া গাত ৷”

আন এবাৰ তেনেকৈ গদাপাণি তিনিগৰাকী পোহাৰীৰ শৰণাপন্ন হ’ব লগা হ’ল ৷ তেওঁলোকে সম্ভাব্য বিপদৰ পৰা গদাপাণিক ৰক্ষা কৰা উচিত বুলি তেওঁক শুৱাই কাপোৰ এখনেৰে ঢাকি আমাৰ মানুহটো মৰিলে ঐ বুলি ইনাই-বিনাই কান্দিবলৈ ধৰিলে ৷ ৰজাৰ সেনাই তাকে দেখি তাৰ পৰা আঁতৰি গ’ল ৷ সেই কথা আমি পাওঁ এইটো দৃষ্টান্তত:

“ৰহাৰ ৰহদৈ তিপামৰ ভাদৈ
 শলগুৰিৰ আঘোণী বাই
 তিনিও ডিঙিত ধৰি তিনিয়ে কান্দিছে
সমধৰ লাগ বান্ধ নাই ৷”

ফুকনৰ টেকেলাৰ পৰা সাৰিবলৈ অৱশেষত গদাপাণি নগা পাহাৰৰ ৱাটলং পাহাৰলৈ পলায়ন কৰি তাৰ কন্যাক নগাসকলৰ মুৰব্বীৰ ঘৰত আশ্ৰয় ল’লে ৷ গদাপাণিৰ দুঃখ দেখি মুৰব্বীজনে নিজৰ ৰাংঢালী ছোৱালী ৱাটলং ৱাংগ্যাৰ সৈতে বিয়া পাতি দিয়ে ৷ এই গৰাকী নাৰীৰ সন্তানসম্ভৱা অৱস্থাত কিছু শাৰীৰিক অসুবিধাই দেখা দিয়াত চিকিৎসাৰ বাবে ভৈয়ামলৈ অনাৰ ব্যৱস্থা কৰা হয়; কিন্তু চিকিৎসা পোৱাৰ আগতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ সেই ঠাই আজিও নাগিনীমৰা নামে জনাজাত ৷ এইগৰাকী নাৰীৰ চৰিত্ৰ সাহিত্যৰথী বেজবৰুৱাদেৱে দালিমী নামেৰে অমৰ কৰি গৈছে ৷ ৱাটলং পাহাৰৰ টানহাই গাঁৱত দুয়োৰে স্মৃতিত শৈলফলক আছে ৷

“বৰৰজা” ফুলেশ্বৰী কুঁৱৰীৰ বুদ্ধিমত্তাৰ কথাই বা কোনে নাজানে? দেশদ্ৰোহী বদন বৰফুকনৰ হত্যাৰ পৰিকল্পনা ৰাজমাও নুমলীয়ে কৰি গ’ল নিজ পুত্ৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ অজানিতে ৷ এই সকলোবোৰ বুৰঞ্জীত চিৰদিনৰ বাবে লিপিবদ্ধ হৈ ৰ’ল ৷ 

(আগলৈ)



পৃষ্ঠাঃ ১৭

সংগ্ৰামৰ মূলমন্ত্ৰ হৈছে সাম্য-মৈত্ৰী, স্বাধীনতা, যুদ্ধ নহয়

উৎপল কলিতা

"যুদ্ধ,এই নৰকৰ কীট ৷"
সামগ্ৰিক দৃষ্টিভংগীৰে চালে গম পোৱা যায় যে পৃথিৱীৰ প্ৰায় ৫৫০০ বছৰত ১৪৫১১ খন যুদ্ধ হৈছে, এই যুদ্ধত প্ৰায় ৩৬০ কোটি মানুহ নিহত হৈছে ৷ কিন্তু কোনো জয়ী নহ'ল ৷ মাথোঁ কোটি কোটি মানুহ শ্বহীদ হ'ল ৷ সভ্যতাৰ বুৰঞ্জীত হিৰোচিমা-নাগাচাকিৰ কাহিনীটো এটি কলংকিত অধ্যায় ৰূপে পৃথিৱী থকালৈকে লিখা থাকিব ৷ কিন্তু তাতেই যদি কাহিনীৰ পৰিসমাপ্তি ঘটিলহেঁতেন তেন্তে ভালেই আছিল ৷ মহাসমৰত মানুহ মৰে আৰু নল মৰি গজালি ওলোৱাৰ দৰে, মহাসমৰৰ পিছত ন-পুৰুষৰ জন্ম হয়, কিন্তু হিৰোচিমা-নাগাছাকিত নল মৰিল, গজালি নোলাল ৷

           হিংসা, বিদ্বেষ সংগ্ৰামৰ মূল উপাদান হ'ব নোৱাৰে ৷ সংগ্ৰামৰ পথ হ'ব লাগিব অহিংসা ৷ মহাত্মা গান্ধীয়ে যি সংগ্ৰামৰ বিষয়ে চিন্তা কৰিছিল আমি সেই সংগ্ৰামৰ পথকেই গ্ৰহণ কৰাটো উচিত ৷ যিসকলে সংগ্ৰামৰ নামত অস্ত্ৰ হাতত লৈছে তেওঁলোকে চিন্তা কৰিব লাগিব যে, তেওঁলোকে মানুহক হত্যা কৰিব নে বচাব লাগিব ৷ পৃথিৱীত যদি কোনোবাই প্ৰকৃত সংগ্ৰাম কৰিব বিচাৰিছিল তেনেহ'লে মোৰ বোধেৰে সেইজন আছিল মহাত্মা গান্ধী ৷ পৃথিৱীক ধ্বংস কৰি আমি সংগ্ৰাম কৰিব নোৱাৰো ৷ হিংসা, বিদ্বেষ আমাৰ সংগ্ৰামৰ মূলমন্ত্ৰ হ'ব নোৱাৰে ৷ সংগ্ৰামৰ পথ হ'ব লাগিব অহিংসা ৷ মহাত্মা গান্ধীয়ে মানৱ কল্যাণৰ বিষয়ে যেনেদৰে চিন্তা কৰিছিল, আমিও তেনেদৰে চিন্তা কৰিব পাৰিব লাগিব ৷ মানুহে মানুহক হত্যা কৰাটো কেতিয়াও মানৱ মুক্তিৰ সংগ্ৰাম হ'ব নোৱাৰে ৷  সন্ত্ৰাসেৰে, বন্দুকেৰে, হত্যাৰে কোনো নতুন মূল্যবোধ জগাই তুলিব নোৱাৰি ৷ সমাজৰ সকলো স্তৰতে নতুন মূল্যৰ স্বাভাৱিক অংকুৰণৰ জৰিয়তেহে পৰিৱৰ্তন সম্ভৱ ৷ নতুন মূল্যবোধৰ উন্মেষ ঘটে ৰচনাত্মক চিন্তাৰে ৷ তাৰ পৰিৱৰ্তে হত্যা আৰু সন্ত্ৰাসৰ দৰে নেতিবাচক চিন্তাৰে কেৱল মূল্যবোধৰ অৱক্ষয়হে হ'ব পাৰে, বিকাশ বা পৰিৱৰ্তন সম্ভৱ হ'ব নোৱাৰে ৷
        আজি আমি সকলো দিশতে মূল্যবোধ হেৰুৱাই পেলাইছো ৷ বৰ্তমান সমাজৰ মূল্যবোধৰ অৱক্ষয়ৰ সামাজিক আৰু ঐতিহাসিক পটভূমি বিচাৰ কৰিবলৈ হ'লে বিস্তৰ আলোচনাৰ প্ৰয়োজন ৷ সমাজত হিংসা, বিদ্বেষ, নাৰী নিৰ্যাতন  আদিৰ ঘটনা ক্ৰমাগতভাৱে বাঢ়ি গৈছে ৷ মানুহ আছে কিন্তু মনুষ্যত্ব বা মানৱতা নাই ৷ এজন মাতালেও কয়- 'মদ  খোৱাটো বেয়া, কিন্তু মদ এৰিব কেনেকৈ? '
           আমি ক'লৈ গৈ আছো, আমাৰ ভৱিষ্যত কি আৰু আমি জন্মগ্ৰহণ কৰিছো কিয়, সেই সম্পৰ্কই কোনো জিজ্ঞাসা নাই ৷ এখন নিয়ন্ত্ৰণহীন ৰে'লগাড়ীৰ যাত্ৰীৰ দৰে আমি আগবাঢ়ি গৈ আছো ৷ গাড়ীখন লাইনচ্যুত হ'বলৈ গৈ থকা বুলি জানিও আমি যেন শিকলি টানি ৰখাবলৈ সাহস গোটাব পৰা নাই ৷ বিপ্লৱ কৰি সমাজক পৰিৱৰ্তন কৰিও যেন মানুহক পৰিৱৰ্তন কৰা সহজ নহয় ৷
          সেয়েহে আমি সকলো সজাগ আৰু সচেতন হ'বৰ সময় হ'ল ৷ হিংসা বিদ্বেষ, অসূয়া আদি সকলোবোৰ অসামাজিক কাম ত্যাগ কৰি ভাতৃত্ববোধৰ এনাজৰীৰে আমাৰ সমাজখনক, ৰাজ্যখনক, দেশখনক পুনৰ এক নতুন ৰূপত গঢ় দিবলৈ অহাৰ সময় সমাগত ৷ তেতিয়াহ'লেহে আমি এই ধৰাত জন্ম গ্ৰহণ কৰাৰ সাৰ্থকতা থাকিব ৷ কাৰণ সংগ্ৰাম মানেই যুদ্ধ নহয়, সংগ্ৰাম এনে হ'ব লাগিব য'ত নাথাকিব কোনো হিংসা, বিদ্বেষ। থাকিব মাথোঁ কেৱল অহিংসা ৷ কাৰণ -সংগ্ৰামৰ মূলমন্ত্ৰ হৈছে সাম্য-মৈত্ৰী, স্বাধীনতা, যুদ্ধ নহয় ৷


পৃষ্ঠাঃ ১৮


ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন

দুৰ্গেশ্বৰ শইকীয়া
মাজুলী

(যোৱা সংখ্যাৰ পৰা)

দুই

পুৱাৰ কোমল ৰ'দ জাক পৰি সোণালী আঘোণৰ মিঠা মিঠা আৱেশ এটাই  শুকান সুঁতি পাৰৰ পথাৰখনক কৰি তুলিছে মোহনীয়।গাঁৱৰ জীয়ৰী বোৱাৰী দাঁৱনিহঁতৰ গাত তৎ নাথাকে এই সময়ত।বোৱাৰী পুৱাতে ঘৰৰ কাম বন কৰি ঢাপলি মেলে আঘোণৰ পথাৰৰ সোণালী ফচল চপাবলৈ ।গাঁৱৰ ডেকাবোৰৰো ব্যস্ততা বাঢ়ি যায় আঘোণৰ আগমণৰ লগে লগে।বাপুৰাম গাঁও বুঢ়াৰ জীয়েক স্বপ্না পঢ়া শুনাত আগৰণুৱা ছোৱালী।ওচৰৰে কলেজ এখনত পঢ়ে।এইবাৰ বি.এ মহলাৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী তাই।হ'লেও খেতি খোলাৰ কাম কৰাটো গাঁৱৰ নিয়মৰ লেখিয়াই।মোহনে গাঁও খনৰ এটা ভাল ল'ৰা।ৰাজহুৱা কামে কাজেও আগৰণুৱা।কাজেই সি গাঁৱৰ মানুহৰ মৰম বুটলিব পাৰে।গাঁৱৰ স্কুলখনৰ পৰাই কেই বছৰ মান আগতে ভালদৰেই হায়াৰ চেকেণ্ডাৰী পাছ কৰিছিল যদিও অভাৱৰ বাবেই  কলেজীয়া শিক্ষাৰ ফালে মুখ কৰিব নোৱাৰিলে।সি সৰু থাকোতেই তাৰ বাপেক ঢুকাইছিল।দুখুনী মাকে কটনা ভাঙি ডাঙৰকৰিছিলতাক।এতিয়া পিতৃ সম্পত্তিমাটি কেইডৰাতে খেতি খোলা কৰি।লোকৰো দুডৰা মান আধি বন্ধুৱাই কৰি ভাত মুঠি যোগাৰ কৰিব লাগে।দুখুনি মাককো পুহিব লাগে।তাৰ মাজতে গাঁৱৰ বাৰ্ষিক সবাহ ভাওনা  কাৰোৱাৰ বিয়া সবাহ আদিতো আগ ভাগ লয়।গাঁৱৰ ডেকাহঁতৰ মাজতো সি অতি প্ৰিয়।সকলো ক্ষেত্ৰতে সিঁহতক মোহনৰ প্ৰয়োজন হয়।

হাতত কাঁচিখন লৈ নিচেই পুৱাতে ধান দোৱাত ব্যস্ত স্বপ্না।নবৌয়েক জনী কেঁচুৱাৰ মাইকী।জা জঞ্জাল মাৰি ওলাওতে পলম হয়।এতিয়াও সেয়েহে পথাৰ পোৱাহি নাই।আপোন মনে ধান দাই থকা স্বপ্নাৰ হঠাৎ কাণত পৰিলহি মোহনৰ চিনাকী সুহুৰিটো।তাৰ এই সুহুৰিটো তাইৰ আশৈশৱ চিনাকী।অলপ আঁতৰাতে সিঁহতৰো পথাৰ।তাই ধান দোৱাৰ কাষেৰেই যাব লাগে সিঁহতৰ মাটিলৈ।সুহুৰিটো শুনি এক অজান পুলকত তাইৰ মনত জাগি উঠিল এক অনামি শিহৰণ।মোহন আহি ওচৰ পাইছিলহি।কি অ" স্বপ্না,নবৌয়েৰ অহাই নাই নেকি?মোহনে সুধিল।নাই অহা এতিয়াও।তাই উত্তৰ দিলে।পেটে পেটে সি ভালেই পালে।স্বপ্নাইও।খন্তেক হ'লেও সিঁহতে মনৰ কথা পাতিব পাৰিব।কান্ধত কান্ধত লৈ যোৱা বিৰিয়া পাত মাটিতে খোচ মাৰি ৰ'ল মোহনে।কিছুপৰ অপলক নেত্ৰে চাই ৰল স্বপ্নালৈ।পুৱতি সুৰুষৰ সমস্ত সেন্দুৰীয়া ৰং সোপা যোন থুপ থালেহি তাইৰ দুগালত।কিয় জানো মোহনটো ওচৰতে থাকিলেমনটো চোন অজান পুলকত নাচি উঠে।অথচ কিবা এসোপা মিঠা মিঠা লগা লাজ লাজ ভাবেও দেখোন আৱৰি ধৰিছে।

নীৰৱতা ভাঙি মোহনে মাত লগালে"পঢ়া শুনা কেনে কৰিছ স্বপ্না?পৰীক্ষাৰ দিনটো ক্ৰমান্বয়ে ওচৰ চাপিয়ে আহি আছে।"
চলি আছে আৰু স্বপ্নাই ক'লে। জানো কি কৰিবগৈ পাৰো।




পৃষ্ঠাঃ ১৯

  ভালদৰে পৰীক্ষাটো তই পাছ কৰিব লাগিব স্বপ্না।তই গাঁৱৰ ভিতৰতে পঢ়া শুনাত ভাল ছোৱালী।যত্নৰ ক্ৰটিৰ নকৰিবি।সি ক'লে কিবা এক বেদনাৰ ভাৱত যেন তাৰ মনটো ভাৰাক্ৰান্ত হৈ পৰিল।পথাৰৰ আলিটোতে নৰা একোছা পাৰি সি বহি পৰিল।দীঘল হুমুনিয়াহ এটা এৰি সি পুনৰ কৈ উঠিল এৰা স্বপ্না।মোৰো মন আছিল পঢ়া শুনা কৰি আগুৱাই যাবলৈ।পিছে নোৱাৰিলো।দুখীয়া হৈ জন্ম লোৱাটোৱেই ডাঙৰ অভিশাপ বুজিছ।সৰুতে ভাৱিছিলো পঢ়ি শুনি ডাঙৰ হৈ গাঁওখনৰ বাবে অঞ্চলটোৰ বাবে কিবা এটা কৰিম।আমাৰ অঞ্চলৰ আগৰ চাম শিক্ষিতৰ দৰে গাঁও  এৰি চহৰমুখী নহৈ নিজৰ ঠাইখনকে সজাই পৰাই ল'ম।পিছে পিতাইৰ মৃত্যু আৰু অভাৱে সকলো মাটি কৰি দিলে।সেয়ে ভাৱো মোৰ ভবা খিনি ভালদৰে পঢ়ি শুনি তয়েই কৰিবি।কাৰণ তঁহতৰ অভাৱ নাই।স্বপ্নাও আহি তাৰ কাষতে আলিটোৰ ওপৰতে বহিলহি।
এনেকৈ নকবি মোহন ককাইদেউ,স্বপ্নাৰ চকুৰ কোণকেইটা সেমেকি উঠিল মোহনৰ কথাত।তই এতিয়াও গাঁও খনৰ বাবে বহুত কৰিছ আৰু এই  শিক্ষাৰেও তই ভাল কাম কৰি যাব পাৰিবি।যদিহে মনত বল থাকে।তদুপৰি আমিবোৰ সদায় চোন আছোৱেই তোৰ লগতে।গাঁৱৰ পুথি ভঁৰালটো দেখোন তোৰ আৰু নগেণ ককাইদেউৰ জহতে হল।তোৰ যত্নৰে দেখোন যুৱক সংঘ এটাও হ'ল।এইবোৰ গাঁৱৰ বাবে,সমাজখনৰ নাবে,তইয়ে জানো কৰি থকা নাই।মোহন ককাইদেউ মানুহৰ জ্ঞানৰ পৰিধিটোক জানো বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰে জুখি।চোৱা যায়?তাই তাক অশ্বস্ত কৰিবলৈ যেন যত্ন কৰিছে।
নহয় অ স্বপ্না।মোহনে একেই ভাৰাক্ৰান্ত সুৰেৰে কৈ গ'ল।মোৰ সামান্য শিক্ষাৰে আৰু নো।কি।কৰিম।কৰিব বিচাৰিলেও মোৰ চিন্তাকণো গুৰুত্ব দিব কোনে?আজি বাদে কালিলৈ তঁহত দহজন,কুৰিজন লেখত ল'ব লগীয়াকৈ শিক্ষিত হবি।তহঁতেই গাৱৰ বাবে সমাজৰ বাবে অঞ্চলৰ বাবে বহুত কিবা কিবি কৰি যাব লাগিব।
হব দে আমি সকলো মিলিজুলি কৰিবলগীয়া খিনি কৰি যাম।স্বপ্নাই কলে।বিৰিয়া পাত কান্ধলৈ উঠাই লৈ মোহন যাবঙৈ ধৰিলে।কিবা ভাবি আকৌ বহি পৰিল আৰু গভীৰ বেদনাহত মানুহৰ দৰে কৈ যাবলৈ ধৰিলে।এটা কথাই মনটো বৰকৈ ৰুন্দিয়াই  থাকে স্বপ্না।তইতো এদিন বি.এ এম.এ পাছ কৰি মোৰ পৰা আঁতৰি যাবিগৈ।মনটোক সীমাহীন দুখে আৱৰি ধৰিব।কিন্তু তোৰ জীৱনৰ উন্নতিয়ে মোক সুখী কৰিব।
তেনেকৈ কৈ মোৰ মনটোত কিয় দুখ দিছ মোহন ককাইদেই?
সৰুৰে পৰা তোৰ লগত উমলি যামলি ডাঙৰ হৈছো।যোৌৱনত মোৰ বুকুৰ ঊমেৰে ভৱিষ্যতৰ সপোনদেখিছো।আশাৰ সোণালী কাৰেং সাজিছো।তোক বাদ দি মোৰ কোনো কথাকে চোন চিন্তাই কৰিব নোৱাৰো।তোক মোৰ পৰা কেতিয়াও আঁতৰাই নপঠাও।কৈ ফৈকুৰি উঠিল তাই,
সেয়া সময়হে সিদ্ধান্ত কৰিব স্বপ্না।বাস্তৱ বৰ নিষ্ঠুৰনযাও দে।কথাষাৰ কৈ যাবলৈ খুজিছিল মোহনে।হঠাৎ পাৰ বাগৰা আৱেগৰ জোৱৰত ক'ব নোৱাৰাকৈয়ে তাই মোহনত বুকুত মূৰটো গুজি দি অপলক নেত্ৰে চাই ৰ'ল মোহনৰ চকুলৈ।
"অামাৰ কল্পনাবোৰ যিমান ৰঙীণ,বাস্তৱ কিন্তু সিমানেই কঠিন আৰথ ধূসৰ স্বপ্না।মৰমেৰে সি তাইৰ মূৰত হাত বুলাই দিলে।গভীৰ ভাৱে তাইয়ো সাৱটি ধৰিলে মোহনক।আৱেগৰ অভিশয্যাত কিমান সময় এনেদৰে কাটো গল সিঁহতৰ খবৰ ৰখাৰ অৱকাশ নাই।হঠাৎ ভুৰুংকৈ উৰি যোৱা চৰাই এটাৰ পখীৰ শব্দত সিঁহতৰ বাস্তৱলৈ ঘূৰি আহিল।
মই যাও দে তই কামত ধৰ স্বপ্না।যাঁও নাযাও কৈ লাহে লাহে সি তাৰ পথাৰৰ ফালে খোজ আগবঢ়ালে 
আঘোণৰ পথাৰৰ মিঠা মিঠা উমাল ৰ'দজাক কিছু সেমেকি পৰিছিল তেতিয়া।

(আগলৈ)



পৃষ্ঠাঃ ২০

চুটি উপন্যাসঃ

অনুতপ্ত

বৃষ্টি বৰুৱা


(যোৱা সংখ্যাৰ পৰা)

(৪)

কিন্তু তাৰপিছত.......

হাঁহিমুখেৰে ওলাই যোৱা আদিত্য আৰু ৰিতি আকৌ হাঁহিমুখেৰে উভতি অহা নাছিল। শ্বিলঙৰ একা-বেঁকা ৰাস্তাৰ মাজতে হঠাৎ আদিত্যৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত  গৈ পৰিছিল। কিন্তু ৰাখে হৰি মাৰে কোনে। আদিত্যৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৰিতি বাচি গৈছিল যদিও তাইও গুৰুতৰ ভাৱে আহত হৈছিল। মুখৰ বাওঁফালটোৰ মাংস বহুখিনি এৰাই গৈছিল। বাঁওহাত খনো বৰ বেয়াকৈ ভাগিছিল। ৰিতিয়ে যেতিয়া চকু মেলিছিল, তেতিয়া নিজকে হস্পিটেলৰ বিছনাত দেখি খুব ভয় খাইছিল। সেহাই সেহাই মাকক মাতিছিল। বিছনাৰ পৰা উঠিব চেষ্টা কৰিও গাৰ বিষত উঠিব পৰা নাছিল। ইফালে তাইৰ মাত শুনি মাক দৌৰি আহিছিল। কান্দি কান্দিয়েই কৈছিল ৰিতিক, তাই হেনো সম্পূৰ্ণ দুদিনৰ পাছত চকু মেলিছে। মাকৰ মুখেৰেই আদিত্যৰ মৃত্যুৰ কথা শুনি তাই আকৌ অচেতন হৈ পৰিছিল। প্ৰায় এবছৰ মানেই লাগিছিল ৰিতিক ভাল হ‌ওঁতে, মুখৰ কেইবাটাও অস্ত্ৰোপ্ৰচাৰ কৰাৰ পিছত হে আগতকৈ ভালেখিনি ভাল হৈছিল। একালৰ মঙহাল গালখন আকৌ অলপ অলপ কে পূৰঠ হ'বলৈ লৈছিল।
           এদিন হুইল চেয়াৰত বহি ৰিতি আৰু তাইৰ মাক-দেউতাক আদিত্যৰ ঘৰ পাইছিলগৈ। হাঁহি-ধেমালিৰে উজ্বলি থকা ঘৰখন যেন এখন মৰিশালিলৈ পৰিণত হৈছিল। কলিং বেলৰ শব্দত দৰ্জা খুলিয়েই হুইল চেয়াৰত বহি থকা ৰিতিক দেখি খঙত হুইল চেয়াৰৰ সৈতে ৰিতিক গতিয়াই দিছিল আদিত্যৰ মাকে। দেউতাকে কোনোমতে ৰিতিক পৰাৰ পৰা বচাইছিল। তাতেই ক্ষান্ত নাথাকি আদিত্যৰ মাকে ৰিতিৰ মাক দেউতাককো অপমান কৰিছিল। ৰিতিৰ মাকৰ কথামতেই ফুৰিবলৈ ওলাই যোৱা আদিত্যৰ মৃত্যুও তেওঁৰ কাৰণেই হোৱা বুলি কৈ ৰিতিহঁতক গেটৰ বাহিৰ কৰি দিছিল। 
          ঘটি যোৱা সকলোবোৰ ঘটনাই ৰিতিক ভাঙি পেলাইছিল। গভীৰ ডিপ্ৰেচনত সোমাই পৰা ৰিতিয়ে মুখেৰে ভ্ৰম বকা আৰম্ভ কৰিছিল। মাক-দেউতাকে চহৰৰ বিখ্যাত psychiatrist মিঃ ব্ৰজেন চলিহাৰ কাষ চাপিছিল আৰু তেওঁৰ প্ৰচেষ্টাতে ৰিতি বহু পৰিমাণে সুস্থ হৈ উঠিছিল।
        কিন্তু ইমানখিনি কষ্ট আৰু চিন্তাৰ মাজতো ৰিতিৰ মাকৰ মনত অন্য এটা ভয়ে দহি আছিল, যি ভয় তেওঁৰ মনত অনুজেই ভৰাই দিছিল। মৃত বুলি ভবা ৰিতিৰ শত্ৰুয়ে তাই জীয়াই থকাৰ খবৰটো শুনি তাইক আকৌ আক্ৰমণ কৰিব পৰা সম্ভাৱনাৰ কথা ভাবি ৰিতিৰ মাকে ভয় খাইছিল ৷ কাৰণ তেওঁ নিজৰ একমাত্ৰ জীক হেৰুৱাব নোখোজে....
           ধক্ ! .......মাকৰ কথা শুনি ৰিতি যেন স্তব্ধ হৈ পৰিল।
অতি ভয়ানক কিবা যেন শুনিবলৈ গৈ আছে তাকে ভাবি ৰিতি ভিতৰৰ পৰা কঁপি উঠিল। কিন্তু নাই,,,তাই ভয় খালে নহ'ব...সাহসী হ'ব লাগিব তাই....    
-মা, মোৰ শত্ৰু কোন তুমি জানা ন'?
   সাহস গোটাই ধৈৰ্য্যৰে সুধিলে তাই।
     ৰিতিৰ প্ৰশ্নত মাক চিন্তাত পৰিল। কৈ দিব নেকি বাৰু ৰিতিক সকলো...যদি কথাবোৰ শুনি তাই ভাগি পৰে ! নাই নাই তেওঁৰ ৰিতি ইমান দূৰ্বল নহয়...তাই সঁচাটো শুনিব পাৰিব...তাই সঁচাটো জনা উচিত। বহুত ভাবি গুণি মাকে অনুজৰ কৃত্ৰিম মুখাখন খুলিবলৈ তৎপৰ হৈ পৰিল ৷
-মাজনী, তুমি আৰু আদিত্য যেতিয়া ফুৰিবলৈ ওলাই গৈছিলা তাৰ ঠিক তিনিঘন্টাৰ পিছতে দেউতাৰাৰ মোবাইললৈ এটা অচিনাকী নম্বৰৰ পৰা ফোন আহিছিল। কিন্তু তেওঁ বাথৰুমত থকা কাৰণে ফোনটো ম‌ই হে উঠাইছিলো। নম্বৰটো অচিনাকী আছিল যদিও ফোন কৰোতাজনৰ মাতটো চিনাকি যেন লাগিছিল মোৰ। ম‌ই হেল্ল' কোৱাৰ আগতেই ফোনৰ সিটো পাৰে থকাজনে গহীন গম্ভীৰ মাতেৰে তোমাৰ আৰু আদিত্যৰ এক্সিডেন্ট হোৱা বুলি কৈছিল আৰু প্ৰমাণ হিচাপে লগালগ আদিত্যৰ ভঙা গাড়ীখন আৰু তোমাৰ ফটো দেউতাৰাৰ মোবাইললৈ চেণ্ট কৰিছিল। ম‌ই সেইবোৰ দেখি মূৰ ঘূৰাই পৰি গৈছিলো। কিন্তু মাজনী ম‌ই যেতিয়া চকু মেলিছিলো তেতিয়া মোৰ মুখ আৰু দুয়োখন হাত বন্ধা আছিল, কাষতে দেউতাৰাও একেই অৱস্থাতে পৰি আছিল। আমি দুয়োজনেই আচৰিত হৈছিলোঁ লগতে খুব ভয়ো খাইছিলো। তেনেতে আমাৰ ৰুমলৈ কোনোবা এজন সোমাই আহিছিল। মুখমণ্ডল সম্পূৰ্ণৰূপে কাপোৰেৰে ঢকা আছিল যদিও ম‌ই ঠিকেই চিনিব পাৰিছিলো , সেইয়া আন কোনো নহয়, অনুজ নিজেই আছিল।
       মাকৰ কথা শুনি ৰিতিৰ মূৰত যেন সৰগহে খহি পৰিল। তাই নিজৰ কাণদুখনকে যেন বিশ্বাস কৰিব পৰা নাই। কি শুনিছে এইবোৰ তাই ?  ৰিতিৰ মাক-দেউতাকক নিজৰ আপোন মাক-দেউতাকৰ দৰেই শ্ৰদ্ধা কৰা অনুজেই তেওঁলোকৰ লগত এনেকুৱা কৰিছে ! মাকৰ কিবা ভুল হোৱা নাইটো ! নাই নাই নিজৰ সন্তানৰ দৰে মৰম কৰা অনুজক মাকে চিনাত ভুল হ'ব নোৱাৰে। তেনেহ'লে অনুজ........
-মা, তাৰপিছত কি হ'ল ? অনুজে তোমালোকৰ লগত কিয় তেনেকুৱা কৰিলে?‌ (ৰিতিয়ে ভয়ে ভয়ে সুধিলে)
-ম‌ই অনুজক চিনিব পাৰিছিলো যদিও সেয়া প্ৰকাশ কৰা নাছিলো।  ম‌ই খুব ভয় খাইছিলো। অনুজেও নিজৰ পৰিচয় দিয়া নাছিল। কিন্তু মাজনী তুমি বিশ্বাস কৰা নে নাই নাজানো কিন্তু তোমাৰ আৰু আদিত্যৰ এক্সিডেন্টটোও সিয়ে কৰাইছিল। সি আগৰ অনুজটো হৈ থকা নাই অ' মাজনী। তুমি তাৰ ওচৰলৈ উভতি নাযাবা.....নাযাবা অ'......
ৰিতিয়ে একেথৰে হুক হুকাই কান্দি থকা মাকৰ মুখলৈ চাই ৰ'ল।
       ৰিতিৰ সকলোবোৰ সাঁথৰ যেন লাগিবলৈ ধৰিলে। তাই সেইদিনা পেপাৰত পঢ়িছিল, হাৰিয়ানালৈ নাৰী সৰবৰাহৰ বাবে অসমৰ  ছয়জনী ছোৱালীক অপহৰণ কৰি নিয়াৰ সময়তে অনুজ আৰু সিহঁতৰ এনজিঅ'টোৱে ৰেল ষ্টেচনৰ পৰা ছোৱালীকেইজনীক উদ্ধাৰ কৰিছিল। তাৰ বাবে অনুজহঁতে সৰবৰাহকাৰী দলটোৰ সৈতে প্ৰত্যক্ষভাৱে সংঘৰ্ষত লিপ্ত হ'বলগীয়া হৈছিল। অনুজৰ লগতে তাৰ লগৰ আন দুজনমানো বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। আৰু এইটো ঘটনাৰ কাৰণেই অনুজে ৰাষ্ট্ৰপতিৰ পৰা সাহসিকতাৰ বঁটা পাইছিল। 
       ৰিতিৰ মূৰত কথাবোৰে পাকঘূৰণি খাবলৈ ধৰিলে। তাই নিশ্চিত হ'ল যে তাই কৰা অপমানৰ বাবেই সি তাইৰ লগত প্ৰতিশোধ লৈছে কিন্তু এইবোৰত আদিত্যৰ কি দোষ আছিল ? তাইৰ ওপৰত প্ৰতিশোধ ল'বলৈ যাওঁতে সি আদিত্যৰ প্ৰাণৰ কথা কিয় এবাৰো নাভাৱিলে ? অনুজ আদিত্যৰ হত্যাকাৰী আৰু এজন হত্যাকাৰীয়ে সাহসিকতাৰ বঁটা পাব তাকো ৰাষ্ট্ৰীয় পৰ্যায়ত। এয়া কেনেকৈ সম্ভৱ ! এই সকলোবোৰৰ মাজত যেন এক গভীৰ ৰহস্য সোমাই আছে ! কি কৰিব তাই এতিয়া ? আদিত্যৰ হত্যাকাৰীক তাই এনেকৈ মুকলিকৈ ঘূৰি ফুৰিব দিব নোৱাৰে, অনুজে ইয়াৰ শাস্তি পাব‌ই লাগিব। কিন্তু এজন হত্যাকাৰীক তাই অকলেই কেনেকৈ শাস্তি দিয়াব ! পাৰিবনে তাই ? তাৰোপৰি অনুজ এতিয়া অকলশৰীয়া নহয়, তাৰ লগত এনজিঅ'ৰ মানুহখিনি আছে, সি সহায় কৰা মানুহবোৰৰ সমৰ্থন তাৰ ওচৰত আছে, তাৰোপৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অনুজক চিনি নোপোৱা মানুহো চাগে গোটেই অসমত খুব কমেই হে আছে । তাই কি কৰা উচিত হ'ব এতিয়া ?
       ৰিতিৰ মূৰটো খুব গধূৰ  গধূৰ যেন লাগিবলৈ ধৰিলে। তাই লাহেকৈ নিজৰ বিচনাখনতে গাটো পেলাই দিলে । তাই এফালৰ পৰা সকলোবোৰ কথা মনত পেলাই গ'ল। অনুজৰ লগত পাৰ কৰা ধুনীয়া মুহুৰ্তবোৰ....কলেজীয়া দিনবোৰ....দুয়োটাৰ মাজৰ বিশ্বাস, ভালপোৱা....আৰু অৱশেষত অনুজক তাই কৰা বিশ্বিসঘাটকতা......শোক এটাই খুন্দা মাৰি ধৰিলেহি তাইক। হেঁপাহ পলুৱাই কান্দি ল'লে তাই... কিন্তু হঠাৎ কিবা এটা মনত পৰাত বিছনা খনত উঠি বহিল তাই। চকুৰ পানী খিনি মচি লৈ মোবাইলটো হাতত তুলি ল'লে আৰু  ছ'চিয়েল মিডিয়াৰ জগতখনৰ মাজত চাৰ্ছ কৰিলে এটা নাম "অনুজ বৰা".....

-"চাৰ, মে আই কাম ইন?"  দুৱাৰ মুখত এখন সপ্ৰসন্ন মুখ জিলিকি উঠিছে। সেই মুখৰ গৰাকী হ'ল চহৰৰ ধনী ব্যৱসায়ী তথা সমাজসেৱক মিঃ বিপ্লৱ কাকতীৰ একমাত্ৰ পুত্ৰ তথা অনুজৰ নলেগলে লগা বন্ধু সিদ্ধান্ত কাকতিৰ।
-হেই কাম ইন। হোৱাট এ চাৰপ্ৰাইজ ব্ৰ'। ত‌ই চোন মোক ইণ্ডিয়া ঘূৰাৰ কথা এবাৰো নকলি। ফ'ৰেইনাৰ ফ্ৰেণ্ড পাই মোক পাহৰি গলি ন'। প্ৰায় ছমাহৰ মূৰত লগ পোৱা সিদ্ধান্তক দেখি অনুজে অলপ অভিমানৰ সুৰত ক'লে।
-আবে ব্ৰ', ম‌ই কেইমাহমানৰ কাৰণে ইণ্ডিয়াৰ বাহিৰলৈ গ'লো কি নগ'লো ত‌ই চোন সকলোতে ফেমাছ হৈ গ'লি। সেইকাৰণেই ভাৱিলো, তোৰ দৰে এটা বিজি মানুহক ডিষ্টাৰ্ব দি গালি শুনাতকে এনেকে নোকোৱাকৈ অহাই ভাল। কিন্তু ত‌ইচোন মোক দেখি ঠেহ হে ধৰিছ' , যাওঁগে আৰু নহ'লে..... কৈয়ে যাবলৈ ওলোৱা সিদ্ধান্তক এইবাৰ অনুজে সজোৰে সাৱটি ধৰিলে। সিদ্ধান্ত‌ই ও চলচলীয়া চকুৰে অনুজক সাৱটি ধৰিলে। আস্ বন্ধুত্বৰ মিলনতো ইমান আমেজ পোৱা যায়।
- ঐ অনুজ, এৰ মোক।এনেকে বেয়া দেখাইছে আৰু অলপ সময় এনেকে সাৱটা-সাৱটি কৰি থাকিলে মানুহে কিবা বেলেগ ভাৱিব... সিদ্ধান্তৰ ৰসিকতাত দুয়োটাই এইবাৰ সজোৰে হাঁহি দিলে।
-বাৰু এতিয়া এইখন ল',দেউতাই তোৰ এনজিঅ'ৰ কাৰণে কিবা অলপ ড'নেট কৰিছে.... সিদ্ধান্তে আগবঢ়াই দিয়া লেফাফাটো খুলি ভিতৰত থকা দুই লাখ টকীয়া চেকখন দেখি অনুজৰ মনটো ভাল লাগি গ'ল। সিদ্ধান্তৰ দেউতাকে আগতেও এনেকে ড'নেট কৰে, সমাজসেৱাৰ লগত জড়িত অনুজক তেখেতে নিজৰ ল'ৰাৰ দৰেই মৰম কৰে। অনুজেও তেওক খুব শ্ৰদ্ধা কৰে।
-বহুত বহুত ধন্যবাদ সিদ্ধান্ত। আংকলক যে কি বুলি ধন্যবাদ জনাও ভাৱিয়ে পোৱা নাই। তেওঁ মোক বহুত হেল্প কৰিছে অ'।
-হ'ব দে, ত‌ই এতিয়া ইমান ইমশ্যনেল হ'ব নালাগে। ব'ল মোক আশ্ৰম খনৰ কাম কিমান আগবাঢ়িল দেখাবি।
      (অনুজে নিজাকৈ অনাথ শিশু আৰু বয়সস্থ  লোক থাকিব পৰাকৈ এখন আশ্ৰম তৈয়াৰ কৰি আছে। আশ্ৰমৰ আধাতকৈও বেছি কাম ইতিমধ্যে শেষ হৈছে। বাকী থকা কামবোৰো সোনকালেই শেষ কৰাৰ ব্যৱস্থা কৰি থকা হৈছে...সেই আশ্ৰমখনকে চাবলৈ যাবৰ কাৰণে সিদ্ধান্তে অনুজক লগ ধৰিছে।)
-সিদ্ধান্ত, ত‌ই বেয়া নাপাৱ' যদি ৰাজুৰ লগতে যাচোন, মানে ম‌ই ইম্পৰটেন্ট কাম এটাত এতিয়াই যাব লাগিব। বেয়া নাপাবি হা। ম‌ই তোৰ লগত পিছত ভালকে কথা পাতি আছোঁ দেই....বেয়া নাপাবি সিদ্ধান্ত......    সিদ্ধান্তক বিদায় জনাই অনুজ গ'লগৈ।সিদ্ধান্ত‌ইও 'হ'ব' বুলি কৈ ৰাজুক বিচাৰি যাবলৈ ওলাওতেই তাৰ মোবাইলৰ মেচেজ ট'নটো বাজি উঠিল। সি মোবাইলটো উলিয়াই মেচেজ অহা নাম্বাৰটো চেক কৰিলে। চেভ নথকা নাম্বাৰটো তাৰ কিবা চিনাকি চিনাকি লাগিল। মেচেজ টো চাবলৈ ল‌ওঁতেই তাৰ ফোনটো বাজি উঠিল। সেইটো নাম্বাৰৰ পৰাই কল কৰিছে। উঠাও নুঠাওকৈ সি ফোনটো উঠালে। কিন্তু ফোনৰ সিটো পাৰৰ পৰা ভাঁহি অহা মাতটো শুনি সিদ্ধান্ত ঠাইতে থৰ লাগিল। 




পৃষ্ঠাঃ ২১
(৫)
                    
          কম পাৱাৰৰ লাইটৰ পোহৰত জিলিকি উঠিছে এটি নাৰী মূৰ্তি। নাৰী মূৰ্তি টোৰ থিক সন্মুখতেই বহি আছে এজন খাকী পোছাকধাৰী ব্যক্তি। নিম্নস্বৰত পতা কথাৰ ধৰণ দেখিয়েই অনুমান কৰিব পাৰি যে তেওঁলোক কোনো গম্ভীৰ আলোচনাত ব্যস্ত। খাকী পোছাকধাৰী গৰাকীৰ চিগাৰেটৰ ধোৱাই কম পোহৰৰ লাইটটোৰ চাৰিওফালে কুন্দলি পকাই এক ধোঁৱাময় আৱৰণৰ সৃষ্টি কৰিছে.... কিন্তু সেই আৱৰণৰ মাজতো সেই নাৰীমূৰ্তিৰ উজ্বল চকুযুৰিৰ তিৰবিৰণি স্পষ্টকৈ জিলিকি উঠিছে...
-মিছ ৰিতিস্মিতা বৰুৱা, আপুনি একদম চিন্তা নকৰিব, সকলোবোৰ প্লেনিং মতেই হ'ব। 
-থেংকিউ মিঃ শৰ্মা, আমাৰ ঘৰখনৰ লগত আপোনাৰ এটা সুসম্বন্ধ আছে কাৰণেই ম‌ই প্ৰথমতেই আপোনাৰ ওচৰত আহিছো। মোৰ আপোনালোকৰ টিমৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। এতিয়া মাথো সকলোবোৰ প্লেনিং মতে আগবাঢ়িলেই হ'ল। তিনিদিনৰ পিছত আমি আকৌ লগ হ'ম ম‌ই কোৱা ঠাইখিনিতেই। এতিয়া উঠো। 
   শৰ্মাক বিদায় জনাই গম্ভীৰ খোজেৰে ৰিতি আহি গাড়ীত বহিলহি আৰু ড্ৰাইভাৰক সেই বিশেষ ঠাইটুকুৰালৈ গাড়ী ঘূৰাবলৈ নিৰ্দেশ দিলে।
      গাড়ীৰ ছিটত বহি লৈ তাই মোবাইল টো উলিয়াই ল'লে, হমমম  আৰু প্ৰায় এঘন্টা মানৰ পিছত তাই নিজৰ গন্তৱ্য স্থান পাই যাব। চকুকেইটা মুদি চিটটোতে আউজি দিলে তাই... মনৰ মাজতে ই কথাবোৰ পাগুলিয়াব ধৰিলে। তাই....জীৱনৰ সকলোবোৰ সমস্যাৰ সমাধান যে জটিলেই হ'ব তেনেকুৱা একো কথা নাই। কিছুমান সমস্যাৰ সমাধান সহজ ভাৱেও কৰিব পৰা যায়....ৰিতিৰ মুখত এটা বেঁকা হাঁহি জিলিকি উঠিল।
        চহৰৰ বাহিৰৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ নিৰ্জন ঠাইটুকুৰাত অস্থিৰ ভাৱে থিয় হৈ আছে সিদ্ধান্ত। অতীতৰ কথাবোৰে তাৰ মনত অহৰহ অগাদেৱা কৰি আছে। কিমান যে ভাললগা দিন আছিল সেইবোৰ। কলেজীয়া সেই দিনবোৰত কিমান যে ফূৰ্তি কৰিছিল অনুজ, সি আৰু ৰিতিয়ে। সকলোবোৰ ঠিকেই আছিল যেতিয়ালৈকে সিদ্ধান্তৰ হৃদয়ত এহাল চকুৱে আলোড়ন তোলা নাছিল,  সেই বিশেষ হাঁহিটোৰ প্ৰতিধ্বনি বোৰে তাৰ কলিজাত কঁপনি উঠোৱা নাছিল। সিদ্ধান্তৰ বুকু কঁপিছিল, ভাল লগা অনুভুতি কিছুমানে তাক আমনি কৰিবলৈ লৈছিল। তাৰ অজানিতেই সি এহাল বিশেষ চকুৰ প্ৰেমত পৰিছিল। এৰা, ভালপোৱাৰ বৰষুণজাকত সিদ্ধান্ত‌ই উমলিবলৈ লৈছিল। ডেইৰী মিল্ক চকলেট এটা দিলেই খিলখিলাই হাঁহি তাক সাৱটি ধৰা আৰু 'ভুতুনী' বুলি জোঁকালেই অভিমানত মুখখন ৰঙালাউটোৰ সমান ফুলাই এচুকত বহি থকা ৰিতি জনীক যে তাৰ কেতিয়াৰ পৰা ভাল লাগিবলৈ ধৰিছিল সি নিজেই গম পোৱা নাছিল। বহুত চেষ্টা কৰিও নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ ব্যৰ্থ হোৱা সিদ্ধান্ত‌ই শেষত অনুজৰ কাষ চাপিছিল। সিদ্ধান্তক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণ কৰিবলৈ সিদ্ধান্তৰ চিঠিখন ৰিতিক দিবলৈ যাওঁতে অনুজৰ মৰহা মুখখনত জিলিকি উঠা কুটিল হাঁহি টো চকুত পৰাৰ পিছতো আওকাণ কৰিছিল সি। বন্ধুৰ ওপৰত অগাধ বিশ্বাস আছিল তাৰ। কিন্তু কলেজ ছুটিৰ পিছত অনুজৰ মুখেৰে ৰিতিৰ নেতিবাচক উত্তৰটো শুনি ভাগি পৰিছিল সি। অনুজৰ কথামতেই  সি কেইদিনমান ঘৰতে থাকি নিজৰ অশান্ত মনটো শান্ত কৰিছিল। এসপ্তাহৰ পিছত যেতিয়া সি কলেজ গৈছিল, অনুজৰ কান্ধত মূৰটো থৈ প্ৰেমালাপত মগ্ন হৈ থকা ৰিতিক দেখি সি আচৰিত হৈছিল। অনুজৰ ছলনাৰ কথা সি ঠিকেই ধৰিব পাৰিছিল কিন্তু মুখ ফুটাই একো কোৱা নাছিল। ৰিতিৰ সুখতেই সুখী হ'বলৈ চেষ্টা কৰিছিল সি....
চিৰৰৰৰহহহহ..... প্ৰচণ্ড জোৰত মৰা গাড়ীৰ ব্ৰেকৰ শব্দত পিছলৈ ঘূৰি চালে সি।

'ৰিতি'......
     কাপোৰৰ আৰত লুকুৱাই ৰখা মুখ আৰু বাওঁহাতৰ বেণ্ডেজেৰে সৈতে লেকেচিয়াই লেকেচিয়াই গাড়ীৰ পৰা নামি অহা ৰিতিক দেখি সিদ্ধান্ত আচৰিত হ'ল। যাৰ হাঁহিয়ে একালত সিদ্ধান্তৰ কলিজাত কপঁনি তুলিছিল, দিনটো ঢপলিয়াই থাকিও ভাগৰ নলগা সেই মৰমলগা ছোৱালীজনীক ইমান বছৰৰ মূৰত এইটো অৱস্থাত এনেকৈ লগ পাব বুলি সিদ্ধান্ত‌ই সপোনতো ভবা নাছিল। 
-হেই থেংকিও ফৰ কমিং সিদ্ধ। মাই গড কিমান বছৰ তোক লগ পোৱা নাই। কলেজৰ পিছত ত‌ই যে ক'লৈ পলালি ম‌ই একো গমেই নাপালো। বাই দি ৱে এইবাৰ তোক ম‌ই কতো পলাবলে নিদিওঁ বুজিলি। ঐ কি চাইছ' ? ৰিতিৰ কথাত একেথৰে তধা লাগি তাইলৈ চাই থকা সিদ্ধান্তক কোনোবাই যেন টোপনিৰ পৰা হে জগাই দিলে।
-হা... কি কৈছ'... নাই মানে মোৰ অহা বেছি দেৰি হোৱা নাই..ম‌ই মানে...ম‌ই...  
-হাঃ, হাঃ, হাঃ কি বকিছ'! কোনখন দুনীয়াত আছ' ত‌ই? হাঃ, হাঃ... মোৰ অৱস্থা দেখি ভয় খাই গৈছ' হ'বলা.....ভাৱিছ' চাগে সৰুতে 'ভুতুনী' বুলি জোকোৱা ম‌ই জনী চোন সঁচাকৈয়ে ভুতুনী হৈ গ'লো নহ ! মুখৰ কাপোৰখন গুচাই হাঁহি হাঁহি কোৱা কথা কেইষাৰৰ শেষৰফালে ৰিতিৰ মাতটো অলপ থোকাথুকি কৈ ওলাল।
-ৰিতি, তোৰ এইটো অৱস্থা, আই মিন কেনেকৈ কি হ'ল? ক'চোন মোক।
-প্ৰথমতে ক'ৰবাত বহি ল‌ওঁ ব'ল। ম‌ই বেছি সময় ঠিয় হৈ থাকিব নোৱাৰোঁ। তাৰপাছত সকলো ক'ম তোক। সেইবোৰ কথা পাতিবলৈকে তোক ইয়ালৈ মাতিছো ম‌ই।
     দুয়োটাই সুবিধাজনক ঠাই অকণ বিচাৰি বহি ল'লে। সিহঁতে বহা ঠাইটুকুৰাৰ ওচৰেৰে এটা সৰু নিজৰা বৈ গৈছে। নিজৰাৰ পানীৰ কুলু কুলু শব্দ আৰু সন্ধিয়াৰ আকাশত ডুবিবলৈ ধৰা সূৰ্য্যৰ শেষ কিৰণৰ সেই অপূৰ্ব সৌন্দৰ্য্য‌ই দুয়োটাকে কিছুসময় মুগ্ধ কৰি ৰাখিলে। ইমান দিনে ঘৰৰ ভিতৰত সোমাই সোমাই ৰিতি প্ৰায় বৰ্হিজগতখনৰ পৰা বিচ্ছিন্ন হৈ গৈছিল। সেয়েহে আজি এনেকৈ প্ৰকৃতিৰ পৰশত তাইৰ মনটো জীপাল হৈ পৰিল। দীঘলকৈ উশাহ এটা টানি ল'লে তাই। এটা সতেজ মনলৈ তাই নিজকে পুনৰ অতীতলৈ ঘূৰাই নিবলৈ সাজু হ'ল আৰু এখিলা এখিলাকৈ পাত লুটিয়াই পঢ়ি গ'ল অতীতৰ সেই উত্তৰবিহীন পৃষ্ঠাবোৰ। উদ্দেশ্য মাথোঁ এটাই, সেই উত্তৰবিহীন পৃষ্ঠাবোৰত উত্তৰ সংযোজন কৰা। 
        আকাশত তেতিয়ালৈ বেলি লহিয়াইছিল আৰু কেইটিমান তৰাই আকাশ শুৱনী কৰিবলৈ তৎপৰ হৈছিল।




পৃষ্ঠাঃ ২২

(৬)

ষ্ট্ৰীট লাইটবোৰ ইতিমধ্যে জ্বলি উঠিছে। ৰাস্তাৰে পাৰ হৈ যোৱা দুই এখন গাড়ীয়ে শান্ত শিষ্ট পৰিৱেশটোৰ মৌনতা হ্ৰাস কৰিবলৈ সক্ষম হৈছে। বিশ্বাস-অবিশ্বাসৰ দোমোজাত পৰি তৰাভৰা আকাশৰ অধিষ্ঠাতা জোনটোৰ উজ্বল পোহৰৰ প্ৰতিবিম্ব পৰা নিজৰাৰ পানীখিনিলৈ একেথৰে চাই আছে দুটি প্ৰাণীয়ে।
-সিদ্ধ, মোক তোৰ সহায় লাগে। সকলোবোৰ জনাৰ পিছত মোৰ প্ৰশ্নবোৰৰ উত্তৰ পোৱাত সহায় কৰিবি নে ত‌ই ? 
-ৰিতি, অনুজক মোৰো এটা প্ৰশ্ন সুধিব আছে। আগতে দৰকাৰ নাই বুলি ভাৱিছিলো যদিও এতিয়া সেই প্ৰশ্নৰ উত্তৰ মোক লাগিব। ম‌ই তোক নিশ্চয় সহায় কৰিম....    অলপ পৰ কিবা এটা ভাৱি উত্তৰ দিলে সিদ্ধান্তে।

    সিদ্ধান্তৰ ইতিবাচক উত্তৰত ৰিতিৰ চকুকেইটা তিৰবিৰাই উঠিল। প্ৰশান্তি আৰু উদ্যম দুয়োটাই অনুভৱ কৰিলে তাই।
টিং...টং...টিং...
অহৰহ বাজি থকা কলিংবেলৰ শব্দত মিঃ বিপ্লৱ কাকতীৰ ঘৰৰ অতি বিশ্বাসী লগোৱা হৰেণ কাই ভিতৰৰ পৰা দুৱাৰ খুলিবলৈ দৌৰি আহিল।
-আৰে, অনুজ বোপা...আহাঁ আহাঁ, ভিতৰলৈ আহাঁ। আজিকালি চোন তুমি ইয়ালৈ খুব কমেইহে অহা হ'লা, খুব ব্যস্ত হ'বলা ন'!
-অ' হৰেণ কাই, কেইদিনমানৰ পৰা খুব ব্যস্ত থাকিবলগা হৈছে। আজিহে অলপমান সময় উলিয়াব পাৰি চিধাই ইয়ালৈ আহিছোঁ। পিছে হৰেণ কাই, সিদ্ধ আৰু আংকল, আন্টী কাকো দেখা নাই যে! 
-ঘৰত ম‌ইহে আছো অ' বোপা।এখেত সম্পৰ্কীয় এঘৰলৈ গৈছে। সিদ্ধ ও ৰাতিপুৱাতে ক'ৰবালে গ'ল, এতিয়ালৈকে উভতা নাই। ক'ত যাব কৈ থৈও যোৱা নাই। হৰেণ যাচোন চৰ্বত দুগিলাছ বনাই আন।
   হৰেণক চৰ্বত আনিবলৈ পঠিয়াই অনুজৰ ওচৰতে থকা আৰামী চকীখনত বহি ল'লে মিঃ কাকতি অৰ্থাৎ সিদ্ধান্তৰ দেউতাকে । তেওঁ ইতিমধ্যে কলিংবেলৰ শব্দ শুনিয়ে ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিছিল। 
-হয় নেকি আংকল, সিদ্ধে ফোনটোও উঠোৱা নাই আজি মোৰ। কিয় বা ? পিছে আংকল আপোনাক আজি ধন্যবাদ জনাবলৈহে ইয়ালৈ আহিলো। আপুনি মোক বহুত সহায় কৰিছে আংকল। আপোনাৰ এই সহায়ৰ কথা মোৰ আজীৱন মনত থাকিব।
-অনুজ, তুমি মোৰ নিজৰ ল'ৰাৰ দৰে আৰু এতিয়ালৈকে তুমি তোমাৰ কৰ্মৰে সমাজ সেৱাৰ যি উদাহৰণ দাঙি ধৰিছা সেয়া সঁচাকৈয়ে যথেষ্ট প্ৰশংসনীয়। এনে কামত তোমাক সহায় কৰাতো মোৰ কৰ্তব্য বুলিয়ে ম‌ই ভাৱো।
        অনুজে কিবা এটা ক'ব ল‌ওঁতেই হঠাৎ কলিংবেলটো বাজি উঠিল। হৰেণ কাইয়ে  পাকঘৰৰ পৰা দৌৰি আহি দুৱাৰখন খুলি দিলেহি। সেয়া সিদ্ধান্ত...ভাগৰুৱা দেহা আৰু হৃদয়ৰ অস্থিৰতাত  অন্যমনস্ক হৈ ভিতৰলৈ সোমাই আহিয়ে ড্ৰয়িংৰুমত বহি থকা অনুজক দেখি ঠাইত ৰখি দিলে সিদ্ধান্তে। ৰিতিৰ কথাবোৰ শুনাৰ পিছত তেতিয়াই তাৰ অনুজক লগ ধৰি ঘোচা কেইটামান অনুজৰ দেহত বহাই দিবলৈ মন গৈছিল। প্ৰচণ্ড খং উঠিছিল তাৰ। কিন্তু তাৰ বিপৰীতে ৰিতিৰ শান্ত শিষ্ট চেহেৰাটো দেখি খুব কষ্টৰে নিজৰ খঙটো দমন কৰিছিল সি। যিয়ে নহ‌ওঁক অনুজৰ আগত তাৰ খঙটো দেখুৱাব নোৱাৰে সি। কিন্তু ঘৰত আহিও অনুজক সন্মুখত দেখাত কোনোমতে দমাই ৰখা খঙটো আকৌ উঠি আহিল সিদ্ধান্তৰ। সকলোবোৰ সত্য জনাৰ পিছত অনুজৰ চেহেৰাটো চাবলৈও মন নোযোৱা হৈছে তাৰ। তথাপিও বহুত কষ্টৰে নিজৰ খঙটো সামৰি বেঁকা হাঁহি এটাৰে মাত লগালে সি...
-অনুজ ত‌ই আকৌ কেতিয়া আহিলি? বহুত দেৰি হ'ল নি অহা?
-নাই বেছি দেৰি হোৱা নাই। তোৰ কাৰণেই ৰখি আছিলো।
-অ' বাৰু ত‌ই বহ চোন। ম‌ই ফ্ৰেচ হৈ ল‌ওঁ। তোৰ দেউতাৰ লগত কথা পতা হ'লে মোৰ ৰুমলৈ আহিবি চোন, তোৰ লগত কথা কেইটামান পাতিবলৈ আছে।
      অনুজক ৰুমলৈ আহিবলৈ কৈ থৈ আহি সিদ্ধান্ত খৰখেদাকৈ ৰুমৰ ভিতৰলৈ গৈ দৰ্জাখন ভিতৰৰ পৰা মাৰি দিলে। গোটেইটো খঙত ঘামি জামি ৰঙা পৰি গৈছে । উঠি থকা খঙটো দমাবলৈ বাথৰুমৰ দৰ্জাখন খুলি ভিতৰলৈ সোমাই গৈ শ্বাৱাৰটো খুলি দিলে সি। শ্বাৱাৰৰ পৰা বৈ অহা ঠাণ্ডা পানীয়ে তাৰ গৰম হৈ থকা মূৰটোৰ উষ্ণতা যেন কমাবলৈ ধৰিলে। বেলেগ এটা আমেজ অনুভৱ কৰিলে সি। ঠাণ্ডা পানীৰ পৰশ পাই তাৰ ৰিতিলৈ মনত পৰিল। সিদ্ধান্তৰ ওচৰত বহি নিজৰাটোলৈ চাই যেতিয়া ৰিতিয়ে সকলোবোৰ কথা তাক কৈ আছিল, চলচলীয়া হৈ পৰা তাইৰ চকুহাল ঠিকেই মন কৰিছিল সি। জীৱনত প্ৰথমবাৰৰ কাৰণে ৰিতিৰ চকুত বিষাদৰ আৱৰণখন দেখি তাৰ বুকুখন হমহমাই গৈছিল। কি বুলি সান্তনা দিব ভাৱি পোৱা নাছিল সি। পিছে ৰিতিৰ কথাত স্পষ্টকৈ ধৰা পৰা তাইৰ দৃঢ় বিশ্বাস আৰু সাহসে তাইক যে পুতৌ আৰু সান্তনাৰ একদমেই দৰকাৰ নাই সেয়াও ভালকৈয়ে বুজি পাইছিল সি।

       অনুজে ৰিতি আৰু আদিত্যৰ লগত বহুত ডাঙৰ অন্যায় কৰিলে। হয়, ৰিতিয়েও বিশ্বাস ভাঙিছিল অনুজৰ, তাইও অন্যায় কৰিছিল। তাইক শাস্তি দিয়াৰ অধিকাৰ আছিল অনুজৰ, কিন্তু তাইক চিৰদিনৰ কাৰণে ঘূণীয়া কৰা আৰু আদিত্যৰ প্ৰাণ লোৱাৰ অধিকাৰ নাছিল অনুজৰ। অনুজে অপৰাধ কৰিছে, সি অপৰাধী। শোক এটাই খুন্দা মাৰি ধৰিলেহি সিদ্ধান্তৰ বুকুত। ৰিতিৰ যন্ত্ৰণা আৰু প্ৰিয় বন্ধুৰ বিশ্বাসঘাটকতা.......আস্, অসহ্যকৰ...বাথৰুমতে বহি দিলে সি। শ্বাৱাৰৰ পানীৰ লগত তাৰ চকুৰ পানী একাকাৰ হৈ পৰিল। কোনে কয় পুৰুষে নাকান্দে বুলি! পুৰুষৰ অন্তৰেও কান্দে। যন্ত্ৰণা আৰু আনন্দ সকলো পৰিস্থিতিতেই মানুহে কান্দে। সিদ্ধান্তে কান্দিছে, তাৰ অস্থিৰ মনটোক স্থিৰ কৰিবলৈ কান্দিছে, খুব বেয়া লাগিছে তাৰ। 

খট্, খট্... ঐ দৰ্জা খোল আক'।

আগলৈ



পৃষ্ঠাঃ ২৩

ধাৰাবাহিক উপন্যাসঃ

আজি মেঘৰ মাদল বাজিছে

যুগললোচন দাস

         শান্ত আছিল আকাশখন। থুপি থুপি তৰাফুলৰ মেল। তাৰমাজত জকমকাই আছিল কেইটামান নক্ষত্ৰ। অনুজ্জ্বলকেইটাৰ মনত বিষাদ। প্ৰতিদ্বন্দিতা চলে জিলিকি থকাকেইটাৰ মাজত। বিশাল আকাশৰ বুকুৰ আন্ধাৰ খেদাৰ বৃথা চেষ্টা। বিছনাত পৰাৰ আগতে খিৰিকীখন খুলি দিয়ে লাহৰীয়ে। আকাশৰ সৈতে তাইৰ আজন্ম প্ৰেম। তৰাৰ স'তে মিতিৰালি সেই সৰুকালৰ পৰাই। সেই যে তৰাৰ দেশলৈ উৰা মাৰিছিল মনটো...। এতিয়া ২২ টা বসন্তই গৰকি যোৱা মনটো কিন্তু একেই থাকি গ'ল। তৰাৰ দেশতে মোহাচ্ছন্ন। কিছুমান বস্তুৰ প্ৰতি থকা মোহ এৰিব খুজিলেও এৰিব নোৱাৰি।যেনেকৈ তৰাভৰা আকাশৰ মোহ আজিও এৰিব পৰা নাই লাহৰীয়ে । কি আছে এনে মায়া- আকৰ্ষণ, নিজকে প্ৰশ্নও কৰে ? উত্তৰবিহীন প্ৰশ্ন। তৰাৰ দেশলৈ লৈ গৈছিল তাইক আইতাকে । জোনাক উপচি পৰা চোতালত সাধু শুনিছিল তাই আইতাকৰ মুখেৰে। তাত লগ পাইছিল ৰাজকুমাৰী- ৰাজকুমাৰক।লাহি পাখি মেলি তাইৰ কাষলৈ আহিছিল জাকপাতি পৰীবোৰ। লাহৰী হেৰাই গৈছিল এখন স্বপ্নালোকত। হৈ পৰিছিল একাত্ম। আইতাকৰ হেচুকিত ঘূৰি আহিছিল তৰাৰ মায়াময় দেশৰ পৰা। কিমান যে কৌতূহলে হেঁচা মাৰি ধৰিছিল তাইক ! ভাতৰ পাতত,  আনকি বিছনাত পৰাৰ পিছতো এৰি দিয়া নাছিল আইতাকক। তাইৰ কৌতূহলী প্ৰশ্নবানত থকা-সৰকা হৈ শেষত ভাগৰি পৰি শুই পৰিছিল তেওঁ। কিছুমান উত্তৰ তাই নাপালে। সেইবাবেই আজিও তৰাৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ। আকাশ আৰু তৰাৰ প্ৰেমত পৰিছে বাৰম্বাৰ। তাইৰ জানিবৰ মন যায়- সদায় আন্ধাৰৰ মাজত থকা তৰাবোৰে দিনৰ পোহৰ দেখিছেনে...? সুবিশাল নীলিম আকাশৰ সান্নিধ্য পাইছেনে কেতিয়াবা... নীলাখিনিৰ  প্ৰেমত পৰিছেনে কেতিয়াবা...যেনেকৈ সাগৰ- মহাসাগৰ আকাশৰ সীমাহীন নীলাখিনিৰ প্ৰেমত পৰি নিজেও হৈ যায় নীলিম। নীলাৰে নীলিম হোৱাৰ বাসনাত ছাগে তৰাবোৰ যুগ যুগ ধৰি অতৃপ্ত হৈ আহিছে।

    এছাটি শীতল বতাহত সম্বিত ঘূৰি আহিল লাহৰীৰ। বতাহ ছাটিত এক অবুজ শিহৰণ। কপালৰ চুলিকেইডালত মৃদু লহৰ। খিৰিকীখন জপাবলৈ লওঁতেই ৰৈ গ'ল। ইমানপৰে একাত্ম হৈ পৰা তৰাবোৰ আকাশত নাই। সিহঁতক তাই নিজেই ক'ৰবাত এৰি থৈ আহিলনে নে তৰাবোৰেই তাইক এৰি থৈ গ'ল...! দোমোজাত তাই! ঘোৰ অন্ধকাৰৰ গ্ৰাসত আকাশ। 
এটা ভয়ংকৰ ক'লা দৈত্যই সকলো গিলি থলে পলকতে। শংকিত- অসহায় তাই...। অদূৰৰ পশ্চিমত বিজুলী ৰেখা। বৰষুণৰ আগজাননী।শীতল বতাহ ছাটিয়ে তাইৰ দেহৰ ভাজে ভাজে চুমা যাচি তাৰেই দিলে ইংগিত। অন্ধকাৰ তাই ভাল নাপায়। পাতালৰ অন্ধকাৰ কোঠৰিত থকা যেন লাগে। কষ্ট হয় উশাহ- নিশাহ ল'বলৈ। খিৰিকীখন তাই জপাই দিলে। কোঠাটোৰ চি এফ এল বাল্বটোৰ বগা উজ্জ্বল পোহৰত নিজকে ৰাহুমুক্ত হোৱা যেন লাগিল।আইনাখনৰ সন্মুখত থিয় দি নিশ্চিত হ'ল- ' লাহৰী অক্ষত'। তৰাবোৰক গ্ৰাস কৰা দৈত্যৰ পৰা ৰক্ষা পৰিছে।
 
    গিৰিম...গাৰাম...
আকাশত যুদ্ধৰ দামামা। উচপ খাই উঠিল লাহৰী। ইন্দ্ৰদেৱতাৰ আগমন। তৰাৰ দেশক গ্ৰাস কৰা দৈত্যক বধিব এতিয়া। হ'ব যুঁজ তয়া-ময়া। গৰজি উঠিছে ইন্দ্ৰৰ বজ্ৰ অস্ত্ৰ। চমকণি সৰ্বত্ৰ।কম্পমান ধৰণী। যুদ্ধত ধৰাসায়ী দৈত্য। বজ্ৰৰ নিনাদত তল পৰি ৰ'ল দৈত্যৰ আৰ্তনাদ। বৃষ্টিৰ ৰূপত দেৱতাগণৰ পুষ্পবৰ্ষণ। মাদল বাজিছে। অপ্সৰা, মেনকাৰ যৌৱনউচ্ছল নৃত্য। মেঘৰ মাদল বাজিলে উচাতন হৈ পৰে লাহৰীৰ দেহ-মন। বসন্তৰ আগজাননী। যাৰ বাবে অধীৰ হৈ থাকে তাই...।

মুষলধাৰে পৰিল বৰষুণ।মেঘৰ মাদলৰ ছন্দত বিজুলীৰ নাচোন। স্থাণু হৈ ৰ'ল লাহৰী। এইবাৰ বৰষুণৰ লগত একাত্ম হোৱাৰ বাসনা। ভাল পায় বৰষুণকো। ডাৱৰৰ মান-অভিমানবোৰ চকুলো হৈ নিগৰি পৰা চাই চাই নিজকেই পাহৰি যায়। ডাৱৰৰো ইমান অভিমান থাকিব পাৰেনে...দুখন পাখি থকা হ'লে উৰি গৈ কেতিয়াবাই মনৰ উৎসুকতাখিনি নিবাৰণ কৰি আহিল হয়। মন গ'ল বৰষুণজাকত তিতিবলৈ।  জৰ জৰকৈ সৰা পানীৰ মধুৰ ছন্দ আৰু মেঘমল্লাৰৰ ৰাগত তাল মিলাই নচাৰ হেঁপাহ জাগিল।মাদলৰ শব্দত অস্থিৰ হৈ পৰিছে। প্ৰাণভৰি মন ময়ূৰৰ পেখম মেলি দিব। অন্ধকাৰলৈ তাইৰ বৰ ভয়। বৰষুণজাকৰ আকূল আহ্বানক উপেক্ষা কৰাৰ তাইৰ ইচ্ছা নাই। কিন্তু বাহিৰত যে ভীষণ অন্ধকাৰ। বিজুলীৰ ক্ষন্তেকীয়া চমকণিয়ে জানো দিব পাৰিব তাইক নিৰাপত্তা...।



পৃষ্ঠাঃ ২৪

ঃ লাহৰী, তই শুৱাই নাই...?
ঃ অ' মা, শুবলৈ লৈছোঁ। কাষৰ কোঠাৰ পৰা অহা মাকৰ মাতত সচকিত হৈ পৰিল লাহৰী। তাই লাইটতো নুমুৱাই বিছনাত পৰিল।
ঃ মা, তোমাৰ টোপনি অহা নাই ?
ঃ গৈছিল। বৰষুণ আৰু ঢেৰেকণিৰ শব্দত সাৰ পালোঁ। তোৰ কোঠাটোত লাইট জ্বলি থকা দেখি মাত লগালোঁ। যদি ভয় লাগিছে, মোৰ বিছনালৈ আহ।
ঃ নাই অ' মা, মই শুবলৈ লৈছিলোঁ। বৰষুণজাক অহাত এনেয়ে বহি থাকিলোঁ। টোপনিও অহা নাই।
ঃ অ', শুই থাক এতিয়া। বৰষুণজাক সহজে এৰাৰ লক্ষণ দেখা নাই। সেইবুলি তয়ো বহি থাকিবিনে...।
ঃ মই বিছনাত পৰিলোঁ মা। তুমি টোপনি যোৱা।
মাকৰ স্নেহশীল মাতৰ আৱেশত লাহৰী তেনেই সৰু ছোৱালীজনী হৈ পৰিল। কেতিয়াও অবাধ্য হোৱা নাই, হ'বও নোৱাৰে।
      মাকৰ চাগে টোপনি গ'ল  আৰু মাত শুনা নগ'ল। তাই শোৱা বুলি আশ্বস্ত হৈ টোপনি গ'ল সম্ভৱ। মাদলৰ শব্দ আৰু বৰষুণৰ নৃত্য সমানে চলি আছে। উভয়ৰে মাজত প্ৰতিযোগিতা । ফাগুনৰ বলীয়া- উন্মনা দিনকেইটাক শান্ত কৰিবৰ বাবে যেন মেঘে মাদল বজাই বৰষুণজাকক পঠিয়াই দিয়ে। অশান্ত মন আৰু দেহলৈ আহে প্ৰশান্তি। কিন্তু লাহৰীৰ ক্ষেত্ৰত জানো হয় সেইটো...! বেছিকৈহে হৈ পৰে উন্মনা- চঞ্চলা। কাৰণ ফাগুনৰ পছোৱাই শেষত বসন্তকো লগত লৈ আহে। প্ৰথমজাক বৰষুণতে ধৰা পৰে বসন্তৰ অস্তিত্ব। মেঘৰ মাদল আৰু দূৰৈত ঢোলৰ চাপৰ একাকাৰ হৈ পৰাৰ শব্দত তাইৰ দেহলৈ নামি আহে শিহৰণ ...। লেতু-সেতু হৈ পৰে। তাইৰ দেহত যৌৱনৰ নতুন কুঁহিপাত মেলে। লতাবোৰে সৰ্পিলৰূপত  তাইৰ যৌৱনপুষ্ট দেহটোৰ ভাজে ভাজে মেৰিয়াই ধৰে। মেঘৰ মাদলৰ প্ৰথম শব্দত তাইৰ ভৰি কুটেকুটাই...।
      
ক্ৰমশ: উজাই আহে কুটকুটনি...। চম্পাৱতীৰ মাহীমাকৰ ছোৱালীক অজগৰে গ্ৰাস কৰাৰ দৰে কুটকুটাই আহে। তাইৰ চিঞৰি ক'বৰ মন যায়- আই মোৰ ভৰি কুটেকুটাই...। মাকে ক'ব- আই মোৰ জোঁৱাইয়ে নূপুৰ পিন্ধাই....। কিন্তু লাহৰী নিশ্চুপ- নিশ্চল হৈ পৰি ৰয়।কাৰণ তাই যে চম্পাৱতীৰ মাহীমাকৰ ছোৱালীজনী নহয়। মাদলৰ শব্দত ভৰিৰ পৰা মূৰলৈ উজাই আহে অজান পুলকৰ কুটকুটনি।তাই মাথোঁ চকু মুদি অনুভৱ কৰি যায়। বসন্ত মানেই ব'হাগ। ব'হাগ মানেই মন- প্ৰাণ উতলা কৰা উজ্জ্বলতাবোৰ। প্ৰেম- পিৰিতিৰ বতৰ। ব'হাগ মানেই চেনেহৰ ৰঙালী বিহুটি।  দেহা উচাতন কৰা নাচবোৰ।কেনে মোহিনী শক্তি বসন্তৰ। প্ৰকৃতিয়েই হৈ পৰে যৌৱনা। সেউজীয়াৰ সমাহাৰ। লাহৰীৰ দেহলৈ নামে নতুন যৌৱনৰ প্লাৱন। হাত- ভৰি টন‌্টনাই।দূৰণিত কোনো ঢুলীয়াই টনাই থকা ঢোলৰ প্ৰথমটো চাপৰ কাণত পৰিবহে লাগে, মনটো বাউলী হৈ পৰে। যুৰীয়া পেঁপাটিৰ টিহিটি মাতত পিৰিতিৰ ঢল নামে বুকুত। বাঁহীৰ সুৰত উদবাউল হৈ পৰে মনটো বিৰহত থকা চেনাইৰ মনৰ খবৰ বিচাৰি। কুলি- কেতেকীৰ বিনন্দীয়া গীতে উছাহৰ পাৰ ভাঙি পেলায়। বিহু নাচিবলৈ উদগ্ৰীৱ হৈ পৰে। মাকে  পেৰাত সযতনে ভৰাই থোৱা মুগা- ৰিহাসাজযোৰ , গাম খাৰু, ঢোলবিৰি, জোনবিৰি,গগনা, কাকৈ, হাচঁতি আৰু ডবোৱা কটাৰীখনে বৰকৈ আমনি কৰে। মাদলৰ শব্দত সিহঁতো বছৰটোৰ মূৰত সাৰ পায় উঠি লাহৰীলৈ অপেক্ষা কৰে। লাহৰীৰ লাহি শৰীৰটোক আৰু অধিক শুৱনি কৰিবলৈ সিহঁতৰো প্ৰৱল হেঁপাহ জাগে।

           বিহু নাচত লাহৰীৰ সুনাম সৰুৰ পৰাই।অসমৰ দিহিঙে- দিপাঙে তাইৰ লাহি শৰীৰটোক টাকুৰি ঘূৰুৱাই নচুৱাই আহিছে। বিহু পৰী, বিহু কুৱঁৰী, বিহু ৰাণী কিমানযে পুৰস্কাৰ বুটলি অনা নাই তাই। পুৰস্কাৰবোৰো তাইলৈকেহে যেন বাট চাই থাকে। য'লৈকে গৈছে, খালী হাতেৰে ঘূৰি অহা মনতেই নপৰেচোন। সকলো আশাই হৈছিল পূৰ্ণ। কিন্তু তাইৰ হেঁপাহ আছিল গুৱাহাটীৰ লতাশিলৰ ' বিহু সম্ৰাজ্ঞী' হ'বলৈ। এই সন্মানটো পাবলৈ বাৰু কোন নাচনীৰ হেঁপাহ নাথাকে। বছৰ বছৰ ধৰি দেখি আহে সপোন। লতাশিলৰ মঞ্চত নাচি জীৱন সাৰ্থক কৰিবলৈ অদম্য বাসনা এটা লৈ থাকে। বিজয়ী হ'লেতো কথাই নাই। মান- সন্মান, ধন- ঐশ্বৰ্য, চাকৰি সকলো নিশাটোৰ ভিতৰতে আহি ভিৰ কৰে। লাহৰীৰ সেইবোৰলৈ ইমান মোহ নাই। তাই এজনী নাচনী হিচাবে ৰাইজৰ মৰম আৰু স্বীকৃতি পাব লাগে। অসমৰ শ্ৰেষ্ঠ বিহু মঞ্চখনত এই স্বীকৃতি লাভ কৰাটোৱেই তাইৰ বাবে ডাঙৰ কথা। সাৰ্থক হৈ যাব তাইৰ দৰে এজনী সাধাৰণ নাচনীৰ জীৱন। তাইক তথাকথিত গ্লেমাৰ নালাগে। প্ৰচাৰো নিবিচাৰে। বিহু সম্ৰাজ্ঞী হোৱাৰ পিছত তাই দেখা সপোনটো হ'ল- সৰু সৰু ছোৱালীবোৰক নাচ শিকাব। গঢ় দিব ভবিষ্যতৰ লাহৰীহঁতক...।




পৃষ্ঠাঃ ২৫

     গিৰিম.... 
ঢেৰেকণিৰ শব্দ। উচপ খাই উঠিল তাই। বৰ স্বাৰ্থপৰৰ দৰে ভাবিছে নিজৰ কথাবোৰ। তাইৰ এই আকাংক্ষাবোৰত সাৰ- পানী যোগাই অহা প্ৰধান চালিকাশক্তিৰ কথা এবাৰো মনলৈ অহা নাই ! ঢেৰেকণিটোৱেহে মনত পেলাই দিলে। সেই  চালিকাশক্তি অবিহনে তাইৰ আজি কোনো পৰিচয়েই নাথাকিল হয়। প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিলেহেঁতেন এজনী সুদক্ষ বিহুৱতী হিচাবে। সেই অদম্য শক্তিধৰৰ ছবিখন চকুত ভাঁহি উঠিল। চঞ্চল হৈ উঠিল লাহৰীৰ মনটো। দেহত আকৌ এটা অজান শিহৰণ- পুলকৰ ঢৌ....।

       
গিৰিম.....
চকু চাট মাৰি ধৰা বিজুলী মাৰ নৌযাওঁতেই কাণ ফাটি যোৱা শব্দ। যেন এটা পৰমাণু বোমাহে ফুটিল! বুকুখন চিৰিং কৰি উঠিল লাহৰীৰ। পাহোৱাল ডেকাজনৰ মুখখন চকুৰ আগত ভাঁহি উঠাৰ সময়তে মৰা প্ৰচণ্ড শব্দৰ ঢেৰেকণিত আবেগ নে শংকাত বুকুখন চিৰিং কৰি উঠিল, ঠাৱৰ কৰিব নোৱাৰিলে। মেঘৰ মাদলৰ শব্দ যেতিয়া একোটা বোমাৰ ৰূপ লয়গৈ, তাইক দুটা ভিন্ন ক্ৰিয়াই বোবা কৰি পেলায়। কন্ঠৰুদ্ধ হৈ চটফটাবলৈ ধৰে। এটা মিঠা আবেগ ,আনটো ভীতি বিহ্বল। এই একেটা শব্দই এজন ডেকাৰ নোমাল বুকুৰ মাজত আশ্ৰয় দিছিল আৰু আটাইতকৈ বেছি মৰমৰ মানুহজনক কাঢ়ি লৈ গৈছিল...। মেঘৰ মাদলৰ ভয়ংকৰ শব্দই যদি এবুকু আবেগ-মৰম দিছে, সেইদৰে এবুকু অসহনীয় বেদনাও দিছে।

             পলাশৰ চাইকেলত উঠি আহিছিল লাহৰী। চহৰৰ বিহু মঞ্চত নাচি আহোঁতে পলম হৈছিল। বিহুৱা কেইটাৰ প্ৰত্যেকৰে চাইকেলত এজনীকৈ নাচনী। লাহৰী পোনচাটেই পলাশৰ চাইকেললৈ ঢপলিয়াই আহে। কিহৰ মোহত তাই নাজানে। সিওঁ যেন ৰৈ থাকে তাইলৈকেই। আগফালে বহুৱাই লৈ পেদেল পকায়। তাইৰ কলডিলীয়া খোপাৰ সতেজ কপৌফুল আৰু ঘৰ্মাক্ত শৰীৰৰ কেঁচা গোন্ধটোৱে তাক উন্মনা কৰে। কিন্তু সি সংযত হৈ থাকে। লাহৰীৰ প্ৰতি নাই তাৰ কোনো অনুকম্পা।
  পলাশ নাম কৰা ঢুলীয়া। ভাল বিহুগীতো গায়। মাতটো সুৰীয়া। কিবা এটা যাদু আছে। লাহৰীও তাৰ ঢোলৰ ছেৱতহে বেছি স্বাচ্ছন্দ। গা উঠে বেছি। ঢোলত তাৰ হাতৰ ছাপৰত যেতিয়া ছেউবোৰে প্ৰাণ পাই উঠে, তাইৰো নাচত চমকি উঠে মকৰা বোলনি, গিৰিপ গিৰিপ, চেৰেকি পাক, টাকুৰি ঘূৰা, পখিলা উৰা আৰু হাউলি নচা মূদ্ৰাবোৰে।বিলীন কৰি দিয়ে নিজকে । নাচি নাচি কাহানিও ভাগৰি পৰা নাই। যোৱা ৫ টা বছৰ পলাশৰ দলতেই নাচি আহিছে। পলাশৰ ঢোলৰ ছেৱত মায়া আছে। এই মায়াত আজিও তাই বন্দী। বাউলী হৈ পৰে। মুখৰ পৰা নিগৰি আহে যোজনাবোৰ...
  জোকাৰি পিন্ধিলো মুগাৰে মেখেলা
আঁছুৰি পিন্ধিলো খোপা
দাপোন চাই লগালোঁ ৰঙাকৈ ফোটটি
মেৰিয়াই পিন্ধিলো ৰিহা....
.................
ন পানী উঠিলে ,মাছে কণী পাৰিলে
বিৰিষেও সলালে পাত
ফুলপানী ছিগাতে ঢোলৰ মাত শুনিলোঁ
বিহু বিহু লাগিছে গাত...

   গোমা আছিল আকাশখন। কাৰো মুখত কথা নাছিল। মাত্ৰ শুনা গৈছিল চাইকেলৰ পেদেল কোবোৱাৰ শব্দ। পলাশৰ ঘন ঘন নিশ্বাসৰ শব্দও মাজে মাজে কাণত পৰে তাইৰ।
       তিনিখনকৈ বিহুত নচাৰ ভাগৰে লাহে লাহে ক্লান্ত কৰি আনিছিল তাইক। হেণ্ডেলডালত টানকৈ খামুচি ধৰিছিল। কেঁচা ৰাস্তাৰ ঠেকেচনিত মাজে মাজে বাহিৰ হয় মুখৰ পৰা দুই এটা অস্ফুত শব্দ। চাৰিওফালে অন্ধকাৰ। সন্মুখলৈ ভালকৈ নমনি। লাহৰীয়ে কষ্ট নোপোৱাকৈ চলাই নিবলৈ চেষ্টা কৰিছিল পলাশে। তাৰো বোধহয় ভাগৰ লাগিছিল।মাত- বোল নাই। ডিঙিৰ শীৰ ফুলাই প্ৰাণঢালি গাইছিল বিহুগীত- যোজনাবোৰ। লগতে ঢোলত চাপৰ। সেইদিনা পলাশে গোৱা বিৰহৰ যোজনাটো বাৰে বাৰে মনটো জোঁকাৰি আছিল তাৰ। পেদেলৰ তালে তালে মনৰ ভিতৰতে গুণগুণাই আহিছে.....




পৃষ্ঠাঃ ২৬

ঢোলেটি কান্ধত লৈ এ নাচনী
বজালেনো কি হ'ব
বজালেনো কি হ'ব
চেনাই বুলি মাতোতা নাই
কেৰু- গামখাৰু এ নাচনী
গঢ়ালেনো কি হ'ব
গঢ়ালেনো কি হ'ব
আপোন বুলি পিন্ধোতা নাই।

     গিৰিম.....
আকাশত বিস্ফোৰণ। উচপ খাই উঠিল লাহৰী।
: পলাশদা, অলপ বেগাই চলোৱা।
: হ'ব, মই চলাইছোৱেই। ৰাস্তা বৰ ভাল নহয় অ'।
: আজি বৰ বেছি পলম হ'ল পলাশদা।
: মায়ে খং কৰিব নেকি ?
: নকৰে, কিন্তু চিন্তা কৰিব। তুমি লগত থাকিলে অৱশ্যে মায়ে বেছি নাভাৱে।
লাহৰীৰ কথাষাৰে পলাশৰ মনটো পুলকিত কৰিলে। সি তাইক শুনাকৈ ক'ব বিচাৰিলে- দেখিছা লাহৰী, মোৰ ওপৰত তোমাৰহে বিশ্বাস নাই, তোমাৰ মাৰ কিন্তু মোৰ ওপৰত পুৰা বিশ্বাস আছে; যাৰ লগত ৰাতিটো এৰি দি নিশ্চিন্ত হৈ থাকিব পাৰিছে...।

     
বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল। প্ৰথমে লাহে লাহে । পিছত ডাঠকৈ। ৰাস্তাটোত তেতিয়া কেৱল পলাশ- লাহৰী। বাকীকেইটাই নিজৰ নিজৰ ঘৰৰ ৰাস্তা লৈছিল ইতিমধ্যে।
: কি হ'ব এতিয়া পলাশদা ! বৰষুণজাক জোৰকৈ পৰিছে।
: ক'ৰবাত সোমাব লাগিব।
: ক'ত সোমাবা ?
: তাকেই ভাবিছোঁ।
: বৰষুণত মোৰ বিহুৰ সাজযোৰ তিতিলে নচাই নহ'ব।
: সৌ দোকানখনৰ বাৰাণ্ডাতে সোমাই দিওঁ।
: ও, ব'লা বেগাই। মই তিতিলোৱেই। ছে: বৰ বেয়া হ'ল, বৰষুণ ডাঙৰেই হ'ব। বহু পলম হ'ল আজি পলাশদা।
পলাশে চাইকেলখন বাৰাণ্ডালৈ উঠাই নিলে। লাহৰী চোক এটাত থিয় হৈ ৰ'ল। আকাশত বিজুলীৰ চমকনি।পলাশ কাষতে থিয় দি থাকিল।
: ভয় খাইছা নেকি ?
: নাই।
: ভয় কৰিব নালাগে। মায়ে বুজি পাব দিয়া। ঠাণ্ডা লাগিছে নেকি তোমাৰ ?
: নাই। লাহৰীৰ সংক্ষেপ উত্তৰ।
: বিহু মাৰিবলৈ আহিলে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। নাচনী জীৱনত এয়াও এক অভিজ্ঞতা। পলাশৰ তাইক প্ৰবোধ দিয়াৰ চেষ্টা। তাই একো নক'লে।
মূৰ আৰু কঁকালত মেৰিয়াই পিন্ধা বুটা বছা ৰঙা ফুলৰ গামোচাদুখন লাহৰীৰ হাতত দিলে।
:  মূৰে- গায়ে মেৰিয়াই লোৱা। এছাৰেকণিৰ পৰা কাপোৰযোৰ ৰক্ষা পৰিব। লাহৰীয়ে মন্ত্ৰমুগ্ধৰ দৰে হাত পাতি ল'লে গামোচাদুখন। এখন মূৰত আনখন দেহাটোত মেৰিয়াই ল'লে তাই। চিনাকি গোন্ধ এটাই তাইক ক্ষণিকৰ বাবে উন্মনা কৰি পেলালে। সেয়া পলাশদাৰ দেহৰ গোন্ধ।এজন সুন্দৰ- সুঠাম ডেকাৰ গোন্ধ। এনে গোন্ধতো যে মাদকতা থাকে , তাই প্ৰথম গম পালে।

  গি- ৰি- ম....
আকাশ- মাটি কঁপোৱা প্ৰচণ্ড ঢেৰেকণি। ভয় খালে লাহৰীয়ে। কাষতে থকা পলাশক সাৱটি ধৰিলে সজোৰে। তাৰ বহল- নোমাল বুকুৰ মাজত লেতু-সেতু হৈ সোমাই পৰিল লাহৰী। ভয়তে চকুমুদি তাই মূৰটো গুজি দিলে। অপ্ৰস্তুত হৈ পৰিল পলাশ। তথাপিও সি হাতদুখনেৰে মেৰিয়াই ধৰিলে লাহৰীক। কিমান সময় তাৰ বাহুবন্ধনত আছিল তাই ক'ব নোৱাৰে। হঠাতে উচাট মাৰি পলাশৰ বুকুৰ মাজৰ পৰা ওলাই আহি বেৰ এখনৰ  ওচৰলৈ গৈ লাজতে ঢাকি ধৰিলে মুখখন। বুকুখন কঁপিছিল ভীষণভাৱে। হৃদপিণ্ডটো যেন ফাটি ওলাই আহিব! ভয় নে আবেগৰ তাড়নাত তাইৰ হৃদপিণ্ড অস্থিৰ হৈ পৰিল, ধৰিব নোৱাৰিলে। বৰষুণৰ শব্দকো তল পেলালে তাইৰ বুকুৰ ভিতৰৰ অস্থিৰ শব্দবোৰে। তাই এয়া কি কৰিলে- এটা অপৰাধবোধ সোমাল মনত। কিহৰ ভয়ত পলাশৰ বুকুত সোমাল ! আহ্ , সেইখন বুকু নে উদাৰ নীলিম আকাশ...ইমান বিশাল... ইমান গভীৰ...ইমান গহীন... আৰু সেই বুকুৰ দূবৰীৰ মাজত ফুলি থকা মৰমৰ ফুল কিছুমানেও যেন উমলি আছে। তাৰো উমান পালে লাহৰীয়ে। ক্ষণিকৰ বাবে হ'লেও তাত অনুভৱ কৰিছিল নিৰ্ভয়, নিৰাপত্তা আৰু বিশ্বাস। পুৰুষৰ বুকুৰ উত্তাপ আৰু আশ্ৰয় কিয় প্ৰতি গৰাকী নাৰীয়ে বিচাৰে , তাৰ সত্যটো তাই আজি আৱিষ্কাৰ কৰিলে।পলাশৰ বুকুৰ ক্ষণিক উত্তাপত তাই অলপ হ'লেও গলিছিল। সিও সাৱটি ধৰিছিল তাইক। তাইৰ বহল পিঠিত পৰিছিল আঙুলিৰ স্পৰ্শ। কিন্তু অকণো চঞ্চল নাছিল আঙুলিকেইটা। পিট‌্পিটাই ফুৰা নাছিল তাইৰ পিঠিৰ ভাজে ভাজে। লাহৰীয়ে বুজি পালে এই আঙুলিকেইটা অতি বিশ্বস্ত। তাত আছে কোনো স্নেহশীল অভিভাৱকৰ পৰশ। নাই কোনো শিহৰণকাৰী মাদকতা। ঢোলৰ চাপৰ মৰাৰ সময়তহে চঞ্চল হৈ উঠে আঙুলিকেইটা। লাহৰী যেন সেই সময়ত এটা প্ৰাণ থকা স্থাণু মূৰ্তিৰ বাহুবন্ধনতহে আছিল।

আগলৈ


পৃষ্ঠাঃ ২৭

অনুগল্পঃ

মমতা


ভিতৰৰ পৰা আকাশৰ তৰা দেখা জুপুৰিটোৰ এচুকত দুয়ো পেপুৱা লাগিছে। বিজুলী ঢেৰেকণিৰে  অহা দোপালপিটা বৰষুণত চহৰত বিলাসী জীৱন কটোৱা তেওঁলোকৰ পো-বোৱাৰীলৈ মনত পৰিছে। চকু চাট্ মাৰি ধৰা বিজুলীৰ প্ৰতিটো চমকত মাকৰ মুখেৰে উচ্চাৰিত হৈছে-" প্ৰভূ সিহঁতক কুশলে ৰাখক।

হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্যঃ ৭০০২৯৬১৩৬২

আকুলতা

”ঐ মাজনী, শুই থাকহি আহ অ’...। বহুত ৰাতি হ’ল।” - আইতাকৰ মাততহে তাইৰ সম্বিত ঘূৰি আহিল। 

মাজনীয়ে জোনাক ৰাতি খিৰিকীখন খুলি আকাশলৈ চাই থৰ লাগি আছিল। মাক-দেউতাক আৰু ভনীয়েকৰ লগত ফুৰিবলৈ যাওঁতে গাড়ীখন দলং ভাঙি পৰি যোৱাৰ ফলত তাই আৰু মাক কোনোমতে বাচি ভনীয়েক আৰু দেউতাক একেবাৰে ভগৱানৰ ওচৰলৈ গুচি গৈছিল। 
  সৰুতে আইতাকে কোৱা সাধুকথাৰ কাহিনীত মানুহ মৰিলে আকাশত তৰা হৈ থাকে যে..! 
সেয়ে তাই ৰাতি আকাশলৈ চাই দুয়োকে বিচাৰি থাকে। হাতত ভনীয়েকে ভাল পোৱা চকলেট আৰু দেউতাকে একেৰাহে ব্যস্ত হৈ থকা লেপটপটো লৈ...।

পৰিস্মিতা ভূঞা দত্ত

আধি

 খেতিৰ বতৰতে, বলোৰাম কাইৰ হালোৱা গৰু এটা মৰিল,অচিন বেমাৰত।  গৰু এটাৰ অভাৱত পথাৰ খন উদং হৈয়ে আছে। গাৱৰে বিতুল ঠিকাদাৰ  আজিকালি ৰাজনীতিটো ঘুৰে। সেয়ে খেতিয়কৰ চৰকাৰী আচনিৰ টেক্টৰ এখন খেতি কৰিবলৈ পালে।  শুনিছোঁ বলোৰাম কাইৰ মাটি খিনি এইবাৰ বিতুল ঠিকাদাৰে আধিলৈয়ে  ল'ব। কোনোমতে বছৰজোৰাই খোৱা  মাটিখিনিত এইবাৰ বলোৰাম কাইটিয়ে আধা ধান হে পাব...
সত্যজিৎ শইকীয়া

স্বপ্নভংগ

--বা আজি পৰশ দা আহিব৷
--সি মোক নকৈ তোক ক’লে যে ৰুণ?
--তোক ক’বলৈ হেনো লাজ লাগিল৷
  তৰালিৰ মনটো ভাল লাগি গ’ল৷ এমাহমানৰ আগত  পৰশে কৈছিল,"তোক চাৰপ্ৰাইজ এটা দিম ৰ৷" অৱশেষত সি তাইৰ মনটো বুজি পালে তাৰমানে!  প্ৰিয় বন্ধু পৰশক আপোন কৰি পোৱাৰ তাইৰ সপোনটোৱে হাত মেলি দিলে৷
   পৰশ অহাত এইবাৰ লাজে তাইৰ গালত ৰঙীন আবিৰ সানিলে৷ খাই-বৈ উঠি পৰশে সহজভাৱেই মাক-দেউতাকক ক’লে, "মই ৰুণজুনক নিজৰ কৰি ল’ব বিচাৰোঁ৷" ক্ষন্তেকতে সপোন ভঙাৰ দুখটোৱে নিঃশব্দে তৰালিৰ দুগালৰ ৰং ধুই নিলে৷ বিষাদৰ অশ্ৰুক আনন্দাশ্ৰু কৰিবলৈ মৰা হাঁহিটোও দেখোন ওঁঠ কঁপিহে ওলাল!
ৰাণু প্ৰভা দত্ত
যোৰহাট



পৃষ্ঠাঃ ২৮

এক মিনিটৰ গল্পঃ


স্বাধীনতাৰ স্বপ্ন-দুস্বপ্ন

 টি.ভিৰ স্ক্ৰীনত জিলিকি উঠা ,দলবদ্ধ ভাবে ধৰ্ষণ কৰি পথৰ কাষত পেলাই যোৱা ছোৱালীজনীৰ মৃতদেহটো চিনি পাবলৈ বেছি সময় নালাগিল মি:বৰুৱাৰ। হয় ,ঠিকেই চিনি পাইছে, সেই দিনা স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বক্তৃতা প্ৰতিযোগিতাত তেওঁ বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল।আৰু এই ছোৱালী জনীয়ে অগ্নিময় কন্ঠৰে স্বাধীনতা দিৱসৰ প্ৰসংগত বক্তৃতা প্ৰদান কৰি সকলোৰে মন জয় কৰি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল।
     তেওঁ নিজেও সেই দিনা মুকলি সভাত দেশৰ স্বাধীনতাক লৈ বৰ গৌৰবেৰে ভাষণ প্ৰদান কৰিছিল। কিন্তু আজি তেওঁ  মনতে ভাবিবলৈ বাধ্য হৈছে। সঁচাকৈ বাৰু আমাৰ দেশখনে স্বাধীনতা লাভ কৰিলেনে! যদি স্বাধীনতা লাভ কৰিলে, তেনেহ'লে কিয় বাৰু দেশত আজিও নাৰী সুৰক্ষিত নহয়।
 'মৃত্যুঞ্জয়' গ্ৰন্থ খনত পঢ়া শেষৰ বাক্য শাৰীয়ে আজি যেন তেওঁকো ভবাই তুলিলে ,"স্বাধীনতা পালে মানুহবোৰ আগতকৈ ভাল হ'বনে বেয়া হ'ব ?"

শ্ৰী অভিলাষা শইকীয়া
যোৰহাট,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান।
স্নাতক চতুৰ্থ ষান্মাসিক।



পৃষ্ঠাঃ ২৯

অনুবাদ কবিতাঃ


সন্ধ্যাৰাগ


(Evening Harmony- by Charles Baudelaire)
অৱশেষত সেই মূহুৰ্ত্তটি যেতিয়া আহিল
প্ৰতিপাহি  ফুলে হালি জালি ধূপদানী হৈ সুবাস বিলাইছে,
সুগন্ধি আৰু  শব্দবোৰ পাক খাইছে সন্ধিয়াৰ মৃদুবতাহত,
এটি বিষাদ - নিগৰা যুগল নৃত্য,এক ক্লান্তিৰ ঘূৰ্ণন।

প্ৰতিপাহি ফুলে হালি  জালি ধূপদানী হৈ সুবাস বিলাইছে,
ভায়লিনৰ এটা ঝংকাৰে আঘাত হানে ব্যথিত হৃদয়ত,
এটি বিষাদ নিগৰা যুগল নৃত্য,এক ক্লান্তিৰ ঘূৰ্ণন,
আকাশখন,এখন মহৎ থাপনা,আন্ধাৰতো মোহময় ৷

ভায়লিনৰ এটা ঝংকাৰে আঘাত হানে ব্যথিত হৃদয়ত,
এখন কোমল হৃদয়ৰ বিৰাগ নিৰাশাৰ আন্ধাৰলৈ,
আকাশখন , এখন মহৎ থাপনা, আন্ধাৰতো মোহময়, 
সন্ধিয়াৰ তেজ-ৰঙী পোহৰত ডুবন্ত সূৰুয ৷

এখন কোমল হৃদয়ৰ বিৰাগ নিৰাশাৰ আন্ধাৰলৈ,
আৰু সাদৰেৰে বুকুত বান্ধে দূৰ অতীতৰ সোঁৱৰণ ৷
সন্ধিয়াৰ তেজ-ৰঙী পোহৰত ডুবন্ত সূৰুয,
 তোমাৰ স্মৃতিৰে মোৰ হৃদয় উজ্বলে 'অষ্টেনচৰী'ৰ দৰে।

 ---------------X-------------------

(*Ostensory হৈছে ৰোমান কেথলিক গীৰ্জাৰ এবিধ ‘সোণ-ৰূপ-মণি-মুকুতা’ খচিত উজ্বল ধৰ্মীয় পাত্ৰ যাৰ ভিতৰত
যীশুখ্ৰীষ্টৰ দৈহিক অৱশিষ থকা বুলি বিশ্বাস কৰা হয়। ইয়াক Monstrance ও বোলা হয় ।)
--------------------
ফৰাছী কবি চাৰ্লচ বোদলেয়াৰ (১৮২১-১৮৬৭) উনবিংশ শতিকাৰ‌ এজন প্ৰসিদ্ধ কবিয়েই নহয়, তেওঁক বিশ্ব সাহিত্যৰ বুৰঞ্জীৰ এক উজ্বল নক্ষত্ৰ বোলা হয়। প্ৰথমতে তেওঁ ছদ্ম নামতহে কবিতা লিখিছিল, পিছলৈ নিজৰ নামত লিখিলেও তেওঁৰ প্ৰথম কাব্য সংকলন ‘The Flowers Of Evil’ (ফৰাছী ভাষাত )প্ৰকাশ‌ পায় ১৮৫৭ চনত। ১৮৬২ চনত বোদলেয়াৰৰ একুৰি ‘কথা - কবিতাৰ’ এক সংকলন প্ৰকাশ পায়। তেওঁৰ মৃত্যুৰ পিছত মুঠ আঢ়ৈকুৰি ‘কথা - কবিতাৰ' আন এটা সংকলন প্ৰকাশ‌ কৰা হয়। বোদলেয়াৰ তেওঁৰ সময়ৰ এজন আধুনিক আৰু প্ৰগতিশীল (Radical) লেখক আছিল। তেওঁৰ এনে প্ৰগতিশীল ভাৱধাৰাৰ প্ৰভাৱ বিংশ শতাব্দীৰ টি এচ ইলিয়ট আদি বিখ্যাত সাহিত্যিক সকলৰ ৰচনাতো‌ পৰিলক্ষিত হৈ বুলি বিজ্ঞসকলে মত পোষন কৰে।

মূল কবিতাটিঃ

EVENING HARMONY
(Charles Baudelaire)

The hour has come at last when, trembling to and fro,
Each flower is a censer sifting its perfume;
The scent and sounds all swirl in evening’s gentle fume;
A melancholy waltz, a languid vertigo!
Each flower is a censer sifting its perfume;
A violin’s vibrato wounds the heart of woe;
A melancholy waltz, a languid vertigo!
The sky, a lofty altar, lovely in the gloom,

A violin’s vibrato wounds the heart of woe,
A tender heart detests the black of nullity,
The sky, a lofty altar, lovely in the gloom,
The sun is drouning in evening’s blood-red gloom.

A tender heart detests the black of nullity,
And lovingly preserves each trace of long ago!
The sun is drowning in evening’s blood-red glow …
Your memory shines through me like an ostensory!

অনুবাদ
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলীপাৰা,গুৱাহাটী-১৯
মোবাইল নং:৭০০২৪০৯৬৫৫



পৃষ্ঠাঃ ৩০


অনুবাদ কবিতাঃ


বৰফ পৰা সন্ধ্যা এটিত এখন হাবিৰ কাষত ৰৈ


এইখন কাৰ হাবি
মই জানো, জানো ভালদৰে
তেওঁৰ ঘৰ যদিওবা এইখনি গাঁৱতে,
চাই আছো মই তধা লাগি, মনোমোহা এই হাবিখনি
সেই কথা তেওঁ সমূলি নাজানে।

বুজিছোঁ মই ভালদৰে
মোৰ সৰু ঘোঁৰাটোৱে এই কথাত আশ্চৰ্য মানিছে ৷
যিহেতু হাবিখন এফালে, বৰফৰ হ্ৰদটি আনফালে
ৰৈ আছোঁ মই মাজডোখৰতে
আৰু আজি যেন বছৰৰ আটাইতকৈ ঘোপমৰা আন্ধাৰ নামিছে ৷

মোঁত-জৰীৰ সৈতে ডিঙিত ওলমাই বন্ধা টিলিঙাটি
জোকাৰি দিছে মোৰ মৰমৰ ঘোঁৰাটোৱে
মোৰ কিবা ভুল হৈছে নেকি!
সেই কথা সুধিবৰ বাবে
নাছিল তাত আন শব্দ একোৱে(ই)
ধীৰে ধীৰে বলা বতাহ আৰু বৰফৰ সৰু সৰু শুভ্ৰ টুকুৰাবোৰ
খহি পৰা শব্দৰ বাহিৰে ৷

হাবিখন মনোমোহা, আন্ধাৰ আৰু গভীৰ সঁচাকৈয়ে
কিন্তু মোৰ যে বহুতো প্ৰতিজ্ঞা পালন কৰিব লগা আছে,
মোৰ এতিয়া বহুদূৰ যাবলৈ আছে
মই টোপনিত পৰাৰ আগতে
হয়, 
মোৰ আৰু বহুদূৰ যাবলৈ আছে
মই টোপনিত পৰাৰ আগতে ৷

---------------X-------------------

মূল কবিতাটিঃ

Stopping by Woods on a Snowy Evening
(Robert Frost)

Whose woods these are I think I know.
His house is in the village though;
He will not see me stopping here
To watch his woods fill up with snow.

My little horse must think it queer
To stop without a farmhouse near
Between the woods and frozen lake
The darkest evening of the year.

He gives his harness bells a shake
To ask if there is some mistake.
The only other sound's the sweep
Of easy wind and downy flake.

The woods are lovely, dark and deep,
But I have promises to keep,
And miles to go before I Sleep,
And miles to go before I sleep.

অনুবাদ
তৰুণ চন্দ্ৰ নাথ



পৃষ্ঠাঃ ৩১

কবিতাঃ


মূৰ তুলি থকাটো মাটি আনি সানি মূৰত লোৱা শপত আমাৰ
----------------------------------------------------------------
ৰণ‌্জিত গগৈ
যোৰহাট

হাজাৰজনৰ বাবে প্ৰথমে এজনেই চিঞৰিব লাগিব ৷
এটাই মাত ৷ মাতত মাত
তাৰ পিছত চিঞৰটোক ক্ৰমে ক্ৰমে 
তুলি ধৰিব লাগিব আৰু আগুৱাই নিব পাৰিব লাগিব ৷

মৃত্যুৰ শীতল হাতোৰাই
চান্দ পাতি পাতি প্ৰতিটো ক্ষণতেই
কৰি তুলিব পাৰে দিক-ভ্ৰান্ত আৰু পথভ্ৰষ্ট
কান্দি থকা চকুহালে কন্দোৱাই আছে বুকু
চিঞৰি থকা ওঁঠজুৰিয়ে কঁপাই আছে অৰণ্যজিনি
ধূলিয়ৰি বাটবোৰৰ পৰা ওখ ওখ অট্টালিকালৈকে
কাৰো চকুত থান নাই থিত নাই

নৈখন একেদৰে ব'ব নে নবয়
কথাবোৰ একেদৰে কথা হৈ থাকিব নে নাথাকে

এটা লক্ষ্যক ধিয়াই আহোঁতে আহোঁতে
কোনোবাই দুচকুৰ পৰা কাঢ়ি ল'ব নেকি চাৱনিবোৰ
মুখৰ পৰা মাত ৷ সাহীয়াল বুকুখন ৷ কৰ্মঠ হাত
কোনো কথা ক'ব নোৱাৰি 

ইমান শীতলে শীতলে
শীতল কৰি তুলিলে আমাক ৷
প্ৰত্যাখানৰ পাহিবোৰ এই যেন মৰহি আহে ৷
বাগৰি-সামৰি এসোতা চকুলো হৈ ৷
ক'ব নোৱাৰি ৷

কাইটীয়া বাটেৰে এদিন নামি আহিব হেঁপাহৰ সূৰ্য
একেলগে জাগি উঠা এটা উপত্যকাৰ আকাশত
একেলগে বাজি উঠা ডবা-কাঁহ-শঙ্খৰ মাতত
মানুহৰ ইমান উজানৰ পিচতো উজান কেনেকৈ উঠে

প্ৰতিবাদী সত্তাৰ সিটো মূৰত
গুলগুলীয়া গুমগুমণিত সেউজীয়া অৰণ্য এখন ক'ৰবাত হেৰায়

জোনাক নিশাবোৰেই জীৱনৰ শেষ আশা-ভৰষা অপূৰ্ব ফচল
জোনাকী বাটবোৰেদিয়েই সুখৰ অযুত ঢল বৈ আহি
আমাকতো বাৰে বাৰে কৰি তুলিছে জীৱনমুখী

যুঁজাৰু জাতিৰ কি থাকে গত্যন্তৰ
যুঁজৰ বাহিৰে ৷ মূৰ তুলি থকাটো
মাটি সানি মূৰত লোৱা শপত আমাৰ ৷



পৃষ্ঠাঃ ৩২

কপাল
-------------
অংকুৰিতা ফুকন
দেৰগাঁও

ৰক্ত সানি অগ্নিকুণ্ডত অগ্নিস্নান নকৰিলে
কপালত দুৰ্ভাগ্যই নাচে

ওপজা দিনৰে পৰা 
অামি কপালক ধিয়াইছোঁ
বহু জীৱনৰ পৰি সমাপ্তিৰ সাক্ষী কপাল
বহু জীৱনৰ সুত্ৰধাৰ

কপালত সূৰ্য অাঁকি
 সৌভাগ্যৱতী হৈছোঁ
সৌভাগ্যৰ দীৰ্ঘায়ূৰ কামনাত
নিজৰ কপালৰ পূৰ্ণাহুতি দিছোঁ

অামি কপালৰ কাহিনী শুনিছোঁ
বহু কপালক অকালতে হেৰুৱাই মৰ্মাহত হৈছোঁ
সকলো হেৰুৱায়ো স্থিতপ্ৰজ্ঞ হোৱাটো
ঈশ্বৰ প্ৰদত্ত গুণ
(অামাৰ লোকাচাৰ)

সেই ঐশ্বৰিক বীজকে কপালত গুজি
অামি অপেক্ষাৰত এজোপা বটবৃক্ষ জন্মালৈ
যাৰ ছায়াত জন্ম হওক
 অন্ততঃ এটা  জীৱন
নিজৰ কপাল নিজে গঢ়িব পৰাকৈ…



পৃষ্ঠাঃ ৩৩
শিল
----------------
মঞ্জু মেছ
ডিব্ৰুগড়

বৈ যোৱা সময়ৰ বুকুত
এদিন শিলৰ জন্ম¸
জন্ময়ে নহয় তাৰ শেষ চিনাকি¸
শিলৰো আছে বহু কাহিনী
শিলৰ বুকুৰে বাগৰে
কত যুগৰ গভীৰ মৌন ভাষা।

মোৰ বুকুত আলিঙ্গন কৰোঁ
শিলৰ সেউজীয়া অনুভৱ¸
শিলে বৰষে
সপোন যেন অমূৰ্ত শব্দৰ
ৰসাল বৰষুণ
কলিজাফালি দেখুৱাই
তাৰ সেউজীয়া ৰং¸
পৃথিৱীৰ বাবে লিখে
সেউজীয়া কবিতা।

শিলে বুকুপাতি দিয়ে
শিল্পীৰ হাতেৰে প্ৰাণ নিগৰে¸
মূৰ্ত হয় যুগজয়ী কোনো বৰ্ণিল কাহিনী¸
শিলে বুকুত পোহে
কত দেৱদাসীৰ উলঙ্গ দেহৰ
নিঃসহায় কৰুণ বিননি।

প্ৰকৃতিৰ স’তেও শিলৰ আছে
মধুৰ প্ৰেম-কাহিনী
নদীৰ বুকুতো তাৰ জীৱন-যাপন¸
তাতে মুক্ত পখীয়ে ডেও দি--দি--
যৌৱনবোলোৱা নাচ নাচে¸
পৰ্বত-পাহাৰৰ বুকুত বুকু থৈ
একাত্ম হয় যেন প্ৰেম-মিলনত¸
জঁটা ধাৰে ধাৰে নিগৰে
সিহঁতৰ প্ৰেম-ৰাগিণী
চঞ্চলা যৌৱনা জুৰিটি হৈ।

তেনেহলে শিল জানো কেৱল
পদৰ তলৰ ?
শিলৰো আছে এক স্বাভিমান; আত্মসন্মান¸
তাৰ বুকুভৰি থাকে
বেলিটিক আলিঙ্গনৰ কত যে হেঁপাহ!
নিষ্ঠুৰ আঘাটেৰে খণ্ড-বিখণ্ড কৰিলেও
পৃথিৱীক গভীৰ ভালপোৱা
শিল দেখু অজৰ-অমৰ।।



পৃষ্ঠাঃ ৩৪

তুমিহীনতাৰ সুবাসেৰে  সুবাসিত গানটি
------------------------------------------------------------
হেৰম্ব জ্যোতি
মংগলদৈ, দৰং

হালধীয়া পাতবোৰ গচকি গচকি 
বসন্তৰ সপোন ভঙাৰ বেদনাৰে 
সকলো হেৰুৱাইওঁ নিস্বঃ হোৱাৰ ভয়ত 
হেৰুওৱা সুবাস সাৱটি
চিতা জুই পুৱাই 
কথা পাতিছো জোনাকৰ সতে।
 গতি কৰিছোঁ 
দেহৰ পৰা দেহান্তৰলৈ 
হৃদয়ৰ পৰা মগজুলৈ
নিৰৱ, নিৰ্মম যাত্ৰাত প্ৰত্যক্ষ কৰিছোঁ
শূন্যতা আৰু আকাশৰ বিশালতা ৷
 তোমাৰ বিষাদনীল দুচকুৱে 
খোদিত কৰি গ’ল কলিজাত মোৰ
"হৃদয় এক মহাকাব্য" ৷
তুমি অহাহেতেন দেখিলাহেতেন 
কিমান সুখী আজি মই
অপ্ৰাপ্তিৰ বেদনা পাহৰি 
ৰৈ আছো 
অসীমৰ প্ৰতিশ্ৰুতিৰে ৷



পৃষ্ঠাঃ ৩৫

তাত এখন ঝুলনা আৰু কিছু  হাঁহি আছিল
------------------------------------------------------------------
গীতাঞ্জলি বৰকটকী 
নামৰূপ

সেই যে ঘৰটো দেখিছে
তাত  এখন ঝুলনা , ফুল আৰু এমোকোৰা হাঁহি আছিল 

আজি বহুদিন হাঁহিৰে ঘৰটো ৰজনজনোৱা নাই
বতাহত ঝুলনাখন আজিও দুলে 
কিন্ত ঝুলনাখনে অনুভৱ নকৰে কোমল স্পৰ্শ 
বহুদিনেই হ’ল ঝুলনাখনত উঠি গুণগুণাই গোৱা গীতবোৰ নুশুনা হোৱা 

ঘৰটি এতিয়া নিমাও-মাও 
খিলখিলোৱা হাঁহিবোৰ বাৰু ক’ত ? 
দীঘল বাৰাণ্ডাখনত ৰেঞ্জাৰ চাইকেলখনে এতিয়া ধুলিয়ে খেলা কৰে ৷
ৰং-বিৰঙৰ ফুলবোৰ এতিয়া পানী নাপাই ক্ৰমশঃ শুকাইছে 
তল সৰা শেৱালিৰ পাহিবোৰ
দুবৰিৰ দলিচাতে মৰহিছে

এদিন ঝুলনাখনে মোক সুধিলে, সেই সুকোমল স্পৰ্শবোৰ ক'লৈ গ’ল ?
ঘৰটোৱে ক’লে, মই এতিয়া ক্ৰমশঃ নিষ্প্ৰাণ হৈ পৰিছোঁ
হাঁহিবোৰ ক’ত ?

সিহঁতেতো নেজানে 
মই চৌদিশে তাকেই বিচাৰি ফুৰিছোঁ 

পৃষ্ঠাঃ ৩৬

তাই বেশ্যা
---------------------
নিবিৰ ৰাজবংশী
পাঞ্জাবাৰী বতাহঘূলি

তাইও এগৰাকী নাৰী
তাইৰো এখন বহল হৃদয় আছে
বুজি পাই তাইও
জীৱন, মৰম, ভালপোৱাৰ সংজ্ঞা...
তাইৰ মনেও স্পৰ্শ কৰিব বিচাৰে 
পৱিত্ৰতাৰ আকাশখন ।

আজি তাই সকলো জানিও একো নজনাৰ দৰে প্ৰতিটো খোজত  সোমাই যায় আন্ধাৰলৈ ।
পৰস্থিতিৰ বান্ধত তাই
অসহায়ত নিজকে সমৰ্পিত কৰে
যৌনতাৰ ভোকাতুৰ বোৰৰ ওচৰত..
সন্ধ্যা হলেই প্ৰতিদিনাই নামি আহে
তাইৰ বাবে ঘোৰ অমানিশা
সুগন্ধিত তাইৰ দেহত
আন্ধাৰ হলেই ন ন গ্ৰাহকৰ দামা - দামী
তাৰ পিছতেই আৰম্ভ হয় প্ৰতিটো পলে
যৌন সংগ্ৰাম ।
ইমানকৈ তাইক শোষণ কৰাৰ পিছতো 
মুঠেও সিহঁতৰ নকমে যৌনতাৰ ভোক
তথাপিও তাই নীৰৱে নিমাত হৈ ৰয় ।
প্ৰতিদিনাই বিবস্ত্ৰ হ‌ই তাই
এমুঠি খোৱাৰ তাড়নাত...
সহস্ৰজন ভোকাতুৰৰ সম্ভোগৰ ক্ষুধা
নিবাৰণ হয় তাইৰ অনম্বৰ শৰীৰত
শত সহস্ৰৰ সম্ভোগৰ ক্ষুধা নুমুৱাই হৈছে
তাইৰ পেটপুজাৰ অন্যতম পথ..
সেয়ে এতিয়া আজিৰ সমাজত তাই
এজনী চৰিত্ৰহীনা বেইশ্যা
এয়াই তাইৰ জীৱন যুদ্ধ 
এযাই তাইৰ জীৱন গাথা ।।



পৃষ্ঠাঃ ৩৭

সুগন্ধি কবিতাৰ সন্ধানত ...
----------------------------------------------------
দীপ্তি বড়া গগৈ
দুলীয়াজান 

ডেৰকুৰি কবিৰ বিৰামহীন একুৰি কবিতা 
অভাৱী অসুখী 
সেই বাবেই কবিতাৰ নামত কাটি যোৱা ৰাতি 
পিন্ধি লʼলোঁ 
ওলাওঁ ওলাওঁ চকুপানীত এটা হাঁহি  ।
বোধকৰোঁ বতাহৰ আগত বৰষুণৰ পিছত 
মন জুৰুৱা কবিতাৰ স'তে ডুবিব পাৰি 
পাঠকৰ প্ৰীতিমেলত ।

কতবাৰ ভঙা যথেষ্ট কষ্টেৰে আতোলতোল কৰা 
স্বপ্নবিলাসী অনুভৱত শব্দৰ চিত্ৰকলা 
সেই বাবেই ৰ'দ মুখৰ কবিতা
জোনাক নিশাৰ আওপুৰণি কবিতা
অন্তৰংগ আন্ধাৰত নিমাওমাও কবিতা
অৰণ্যৰ কবিতা 
বিষয় বস্তু অনুযায়ী ইত্যাদি ইত্যাদি
কবিতা আৰু কবিতা ।



পৃষ্ঠাঃ ৩৮

কথা নক'বা, একো নক'বা
---------------------------------------------------
অন্তৰীপ কাকতি
যোৰহাট

ওখোনেৰে উজাৰি দিয়া মৰণাৰ গছিধানৰ দৰে, 
দুখ পাবা, চকুপানী ওলাব;
অথচ... 
কথা নক'বা, একো নক'বা। 

কটা ঘাৰ পৰা ক্লেদ বিয়পিব, 
অৱসন্ন হ'বা, সহ্য কৰিবা;
অথচ...
কথা নক'বা, একো নক'বা। 

শাসনৰ চিপজৰীৰে তোমাৰ ডিঙিত চোঁচনি গাঁঠিব,
শাসিতৰ চিপৰাঙেৰে তোমাৰ বুকু খান্দিব;
অথচ... 
কথা নক'বা, একো নক'বা। 

শ্ৰীমুখৰ মাইকে যদি এৰেহা বুটলি লয়, 
তেহে ছাগৈ ৰজাঘৰৰ উল্লাহ পয়োভৰ। 

বনজুই, বানপানী, মহামাৰীতো বনৰীয়া বোন্দা (?) 
ৰজাঘৰে লয় নে সহে ইমানবোৰ খুন্দা (?) 

গোঁফ ফুলিলেই যদি যৌৱন আহে,
মন মেলিলেই দুখন হাত আগ নাবাঢ়িব নে? 

ডুলিৰে হোৰাৰে নিনাদৰ এফাল, 
তাতো পাতে ৰক্ষকেই ভক্ষণৰ জাল। 

সেয়ে কৈছোঁ
কাঁকোলি-ভাত খাবা,
শুদা বুকু ঢাকি গাত তেল-চিকটীয়া কাচন লেটিবা;
অথচ... 
কথা নক'বা, একো নক'বা। 

তথাপি শুনা...

মনৰ জ্যোৎস্না বোৱাই হাঁহিবা। 
ডুলি-পটা খঁকৰ ওচৰত মাছ হৈ ধৰফৰাই নৰ'বা।




পৃষ্ঠাঃ ৩৯

সংগীত
...........................
ৰিদিপ সোনোৱাল
তিনিচুকীয়া

শব্দবোৰ কৃষি পথাৰত কৰ্ষণ হৈ
জিলিকি উঠে ৰূপালী মাছৰ কণাত 
লয়, ছন্দ, অনুপ্ৰাস মূৰ্চ্ছনাত পৰি
কবিতাৰ ৰূপ লয়।

কুলি চৰাই মিঠা মাতত
কবিতা কবিতা লগা শব্দবোৰ গান হৈ পৰিল
নিজৰা বৈ অহা কুল কুলুু শব্দেৰে
জীৱনৰ গান হৈ পৰে।

সুৰৰ মায়াজাল বান্ধি
মন মোহিত কৰি
অন্য এখন পৃথিৱীৰ সপোন দেখাই
দৰ্শকক আকৰ্ষণ কৰা।

বুকুৰ মাজত বাজি থকা
বিষাদৰ গান
সুৰ হৈ ওলাই আহে    
জীৱন আচ্ছন্ন কৰে।



পৃষ্ঠাঃ ৪০

ক্ৰন্দসী
------------------------------------------
স্বপ্নম জ্যোতি কলিতা
গোলাঘাট

উপলদ্ধিৰ চৰম সীমা ,
প্ৰাপ্তিৰ সুখ
নোপোৱাৰ বেদনা ....
আকাশ ধিয়াই থকা 
কাকিনী তামোল কেইজুপিৰো আশা ....
সীমনা চোৱাৰ .... ।


*************************

কৰ’ণা ভাইৰাছ
------------------------------------------
নৱ জ্যোতি ডেকা
ৰঙিয়া, কামৰূপ

সংগোপনে আহিলি তই কৰ’ণা
তোৰ বাৱেই সৰ্বত্ৰে ভয় আৰু শংকা,
জ্বৰ-কাহ, চৰ্দি তোৰ চিনাকি
তয়েতো বহুতৰে জীৱনৰ "ডাইনী"৷

আহিলি সৰ্বত্ৰে সন্ত্ৰাস চলালি
যাবি পিছে কেতিয়া বিশ্ব এৰি
সহস্ৰজনক কৰিলি ব্যস্ত মাথোঁ তোক কেন্দ্ৰ কৰি৷

ঘৰত থাকা --- লকডাউন
সঘনে হাত ধোৱা -- স্বাস্থ্য নিৰ্দেশনা
সামন্য জ্বৰ-কাহ --- চিকিৎসা কেন্দ্ৰ
স্কুল কলেজ বন্ধ--- অনলাইনত শিক্ষা

কত কি যে তই পেলালি সলাই 
সকলোতে এটাই চৰ্চা ভাইৰাছ কৰ’ণা৷

কৰ’ণা মানেই যেন সন্ত্ৰাস
কৰ’ণা মানেই যেন আহুকাল
কৰ’ণা মানেই যেন ৰাজনীতি
কৰ’ণা মানেই যেন মৃত্যুৰ কিৰিলি৷

চিঃ কৰ’ণা চিঃ
তোৰ নাম লৈ এচামে কৰিছে লেতেৰা ৰাজনীতি
সত্যক লুকুৱাই একাংশই কৰিছে 
ভুল আৰু ভিত্তিহীন কৰ্ম সংস্কৃতি,
চীনৰ সৃষ্টি যা চীনলৈ ঘুৰি
তয়েতো ভয়ংকৰ ভাইৰাছ
কৰ’ণা মহামাৰী…!!




পৃষ্ঠাঃ ৪১

নামদাঙৰ পৰা অলকানন্দালৈ
-----------------------------------------------------------
কৰৱী গগৈ

নৈ কবিতা নহয়
নৈ কবিতা হ'ব নোৱাৰে!
নৈ হিল্লোলিত হৃদয়ৰ জীয়া কাহিনী ।

স্বোতস্বিনী
ইতিহাস নহয়
নহয় সভ্যতা কেৱল
স্বোতস্বিনী যুগে ;যুগে 
গতি গতিহীনতাৰ,
যুগে; যুগে স্পন্দন 
স্পন্দনহীনতা।

জলধাৰ ! 
য'ত সপোন জন্ম হয়
য'ত সেউজীয়াই পুৰাতন সময়ৰ
খাঁজে খাঁজে শস্যই ভৰুণ কৰে
মাটিৰ মানুহৰ
স্বপ্ন সোণোৱালী।

আজি আমি নিজক পাহৰিছো;
আমি নৈ ক হেৰুৱাইছো
নৈ ৰ উশাহবোৰ ছুটি কৰিছো
অযুত উচ্চভিলাষৰ সোণৰ জখলতাত
বগাবলৈ নৈ ক কবৰ দিছো;
খুলি দিছো মৃত্যুৰ দুৱাৰ
আমাৰ বাবেও।

এফালে উচ্ছাস আনফালে আমি
হত্যাকাৰী নদীৰ , আমি হত্যাকাৰী
সনাতন সেউজীয়াৰ।

এনেকৈয়ে;
নামদাঙৰ পৰা অলকানন্দালৈ
নৈ এটা দীঘলীয়া কবিতা।



পৃষ্ঠাঃ ৪২

স্বাধীনতাৰ কবিতা
-----------------------------------------------------------
মঞ্জিত হাজৰিকা
সহ সম্পাদক, অঙ্গন

হৃদয়ে হাহাকাৰ কৰি বিচাৰি ফুৰা শব্দটো "স্বাধীনতা"
যাৰ বাবে বাৰুদৰ সতে খেলিব পাৰি
যাৰ বাবে মৃত্যুকো ভেঙুচালি কৰিব পাৰি

সিৰাই উপসিৰাই স্বাধীনতাৰ কীটে পিৰপিৰাই থকা স্বদেশ প্ৰেমি সকলে
দেশৰ স্বাধীনতাৰ বাবে হাতত জুই লৈ খেলিছিল
জালিয়ানাবাগৰ তেজৰ চেকুৰাবোৰত
চিটিকি পৰিছিল স্বাধীনতাৰ শ্ল'গান
গহপুৰৰ থানাত চিৎকাৰিত হৈছিল বীৰাঙ্গনাৰ আৰ্তনাদ
মৃত্যুৰ শীতলী কোলাত শ্বহীদৰ বিষাদ বৈভৱ

কিমান তেজৰ বিনিময়ত গোৱা হ'ল স্বাধীনতাৰ গান ?
নিস্বাৰ্থ স্বদেশ প্ৰেমৰ অমিয়া তান

পিছে আজি প্ৰশ্ন হয় "আমি স্বাধীন নে" ?
স্বাধীন দেশত,
স্বাধীনতাৰ সোৱাদে তৃপ্ত নকৰে কিয় তৃষিত প্ৰাণ ?
কিয় শুনো অতৃপ্ত আত্মাৰ কৰুণ নিনাদ ?

চহৰৰ এন্ধাৰ গলিত এটি অশৰীৰী আত্মা
য়ুনিৰ বিষৰ কথা কৈ কৈ কেকাই
নৰপিশাচৰ পৈশাচিকতাত বীজধাৰিনীৰ বাট হেৰাই
আইৰ জাঁটলী চুলিত বুকু ভগা ৰাতিৰ বিষাদ
পিতাই গহ্বৰ যেন দুচকুত ঘুৰি নহা পুত্ৰৰ অৱসাদ
ইমানৰ পিছতো কেনেকৈ কওঁ আমি স্বাধীন !

অমাৱস্যাৰ দৰে পথ এটাৰে গৈ আছো নেকি আমি ?
আন্ধাৰৰ অতল তলিত পতা ৰজাৰ ৰাজসভালৈ
য'ত মাহী মাকৰ দৰে স্বাধীনতা সদায় এটা প্ৰশ্ন মাথোঁ

তোমাৰ হাতৰ স্মাৰক পত্ৰখন পঢ়া হ'বনে তাত
কোৱা হ'বনে স্বাধীনতাৰ কথা
বুভুক্ষজনৰ ভোকৰ জুইকুৰাত 
ঢালি দিয়া হ'বনে গঙ্গাজল !
নিষিদ্ধ গলিৰ নৃশংসতাত লাগিবনে অঙ্কুশ !
আহঃ
বৰ আশাৰে ৰৈ আছো আমি স্বাধীনতাৰ বাবে

স্বাধীনতা
হৃদয়ে হাহাকাৰ কৰি বিচাৰি ফুৰা শব্দ "স্বাধীনতা"
আমি কেতিয়া পাম স্বাধীনতা ????



পৃষ্ঠাঃ ৪৩

নিৱন্ধঃ

সেই ৰেডিঅ' যেন এতিয়া এক নষ্টালজিয়া!

পাৰ্থ প্ৰতিম বৰুৱা
শিৱসাগৰ

          "এয়া আকাশবাণী।আমাৰ ষ্টুডিঅ' ঘড়ীত এতিয়া সময় দুপৰীয়া বাৰ বাজিছে।এতিয়া শুনক আপোনাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু"
        এতিয়াও মনত আছে সেই কণ্ঠ। হয় এই ফেচবুক, ইন‌্ষ্টাগ্ৰাম আদিৰ দৰে ভাৰ্চুৱেল পৃথিৱীত ডুব গৈ থকা মানুহ বোৰৰ মাজতে মই ৰেডিঅ'ৰ কথা ক'ব ওলাইছো। যেতিয়া আমি সৰু আছিলো তেতিয়া "মাত আছে মানুহ নাই ঘৰ আছে দুৱাৰ নাই"  সাঁথৰ তোৰ টপৰাই  উত্তৰ আহিছিল - ৰেডিঅ'। কিমান যে স্মৃতি জড়িত হৈ আছে ৰেডিঅ'ৰ সৈতে। এতিয়াও মনত আছে ৰেডিঅ'তো চুৱাৰ বাবে ককাৰ পৰা সদায় গালি খোৱা আৰু সেই ককাই ৰেডিঅ' শুনিবলৈ অনুপ্ৰেৰণা দিয়াটো। ৰাতিপুৱাই ৰেডিঅ'ত প্ৰচাৰিত পুৱাৰ ভক্তিমূলক গীত বোৰে পৱিত্ৰ কৰি তুলিছিল আমাৰ দেহ মন। এতিয়াও মনত আছে প্ৰতি সোমবাৰে ৰাতি ৮ বজাত নাটক শুনিবলৈ কিমান আগ্ৰহেৰে বাট চাই আছিলো। তাত প্ৰচাৰিত নাটক বোৰে যিমান শিহৰিত কৰিছিল সিমান এতিয়াৰ Netflix ৰ series য়ে ও দিব নোৱাৰে। বাকী যুৱবাণীতো আছেই। যিদিনা নাটক থাকে সেইদিনা সকলো সোনকালে ভাত পানী খাই নাটক শুনিবৰ বাবে সাজু হৈছিলো। দুৰ্গেশ্বৰ বৰঠাকুৰ, চৈয়দ চাদুল্লা, নীলু চক্ৰৱৰ্তী, ভৱেন্দ্ৰনাথ শইকীয়া নামবোৰে আমাৰ হৃদয়ত বেলেগ এখন স্থান দখল কৰিছিল। ৰেডিঅ'ত দিয়া 'গঞা ৰাইজৰ বাবে অনুষ্ঠান' টোয়ে যেন গাওঁৰ মানুহ খিনিক জীয়াই থকাৰ অন্য এক প্ৰেৰণা দিছিল। এতিয়াৰ TV ত হেজাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ওলালেও কিমান হেঁপাহেৰে যে শুক্ৰ বাৰে দুপৰীয়াৰ সুৰৰ সাতসৰী শুনিবলৈ ৰৈ থাকো মন্দাকিনী, গীতিমালিকা, অকণিৰ মেল, চিত্ৰগীত, কল্পতৰু, আইদেউৰ বুলনি, চেমনীয়াৰ চ'ৰা, , আজি-পুৱা, শ্বিলং চেণ্টাৰৰ হিন্দী গীত আদি বোৰ যেন আমাৰ জীৱনৰ সুখ দুখৰ লগৰী হৈ পৰিছিল। পুৱা স্কুল যাওঁতে বজা "পক্ষীৰাজ ঘোৰা" ৰ পৰা আৰম্ভ কৰি  ক্ৰিকেট খেল থকা দিনা ৰেডিঅ'টোৰ ভলিউম বঢ়াই চাৰিওফালে ঘেৰি লোৱা স্মৃতি বোৰৰ সোৱাদ জানো আজি ভাৰ্চুৱেল পৃথিৱীৰ মানুহে বুজি পাব ! প্ৰিয়ব্ৰত হাজৰিকা, অৱনী বৰা , বন্তি বৰপূজাৰী, লুটফুৰ ৰহমান , অসীম কাজী আদি নামবোৰ আৰু তেওঁলোকৰ কন্ঠবোৰ কিমান যে আপোন হৈ গৈছিল ! পুৱা ৭:৫ বজাৰ আৰু ৯ বজাৰ আঞ্চলিক বাতৰি সদায় আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছিল। ৰেডিঅ'ৰ বাতৰিৰ বিশ্বাস যোগ্যতা অধিক যেন লাগে কাৰণ তাত কোনো  টেলিভিচনৰ সংবাদ মাধ্যমৰ দৰে TRP ৰেচ নাই । সঁচাকৈ হেজাৰ  social media, TV, LCD আহক কিন্তু ৰেডিঅ'ৰ স্থান কোনেও ল'ব নোৱাৰে।



পৃষ্ঠাঃ ৪৪


অনুভৱঃ

আই লাভ ইউ


১২ বছৰীয়া বিনায়ক সকলোৰে খুৱ মৰমৰ। সি নিজৰ পৰিয়ালৰ লগতে আন মানুহকো বহুত মৰম কৰে।ডাঙৰৰ কথা শুনে, আৰু হাঁহি ধেমালীৰে ঘুৰি ফুৰে। কিন্তু সি দুষ্টামি কৰিও ভাল পায় বাবে কেতিয়াবা মনৰ  বেজাৰত  মানুহবোৰে তাৰ কথাত গুৰুত্ব দিয়া দেখা নাযায়।
   এদিন বিনায়কে স্কুললৈ গ'ল। স্কুলত সকলো ক্লাচ শেষ কৰি আহিবৰ সময়ত মেডাম এগৰাকীক love you মেম বুলি কৈ আহিছিল। পিছদিনা স্কুলত পৰীক্ষাৰ বহী দিলে কিন্তু বিনায়কে প্ৰাপ্য নম্বৰতকৈ ১০ নম্বৰ কম পালে। সি লগে লগে মেমক প্ৰশ্ন কৰিলে মেম মোক কিয় ১০ নম্বৰ কমকৈ দিলে ?
মেমে কলে কালি i love you বুলি কৈ যোৱাৰ শাস্তি। সি মনত কষ্ট পালে। ভাবিলে মেমক ভালপাওঁ বাবেহে কৈছিলো। পিছত সি স্কুলৰ পৰা আহিবৰ সযয়ত প্ৰধান শিক্ষকক ক'লে --
" ছাৰ, মই আপোনাক বহুত ভাল পাও"। কথাষাৰ কৈয়ে সি ঘৰলৈ আহিছিল। পিছ দিনা স্কুল গৈ পোৱাৰ লগে লগে প্ৰধান শিক্ষকে হাতত ধৰি সাৱধান কৰি দিছিল-- " এইখন পঢ়া-শুনাৰ ঠাই। ইয়াত ভাল পোৱাৰ ঠাই নাই। যোৱা আজিৰ পৰা সেইবোৰ নকবা।
ছাৰৰ কথা শুনি সি হতবাক হৈ গ'ল। 
    পিছত বিনায়কে সেই  কথাৰে প্ৰমাণ চাবলৈ বাটত লগ পোৱা দাদায়েকক ক'লে--
" দাদা i love you"
দাদায়েকে কলে- হুহ, তোক নতুন চোলা লাগে হবলা সেইবাবে তেল দিছা। যা ঘৰলৈ যা। 
দাদায়েকৰ কথাটো সি মনত বেজাৰ পালে। 
    তাৰ পিছত ঘৰলৈ আহি বাইয়েকক ক'লে -- বাইদেউ, "তোমাক মই বহুত ভাল পাওঁ"
বায়েকেও কলে "তোৰ চোলা-পেণ্ট লেতেৰা হৈছে হবলা সেয়ে তেল দিছ ভাল পাওঁ বুলি। যা মোৰ কাষৰ পৰা মই ধুৱ নোৱাৰো"।বায়েকৰ উত্তৰ শুনি সি হুমুনিয়াহ কাঢ়িলে  আৰু দেউতাকৰ ওচৰলৈ খোজ ল'লে।
   সেই সময়তে দেউতাক বজাৰৰ পৰা আহি ঘৰ সোমাইছিল। বিনায়কে দেউতাকৰ ওচৰলৈ দৌৰমাৰি দেউতাকক সাৱতি কলে-- "দেউতা, আপোনাক মই বহুত ভাল পাওঁ"
দেউতাকেও হাঁহি হাঁহি কলে-" বেটা, তোৰ ধান্দা গম পোৱা গৈছে পইচা লাগে ন সেইবাবে তেল মাৰিছ। যা আজি ফুটাকড়ি এটাও ঘুৰি নাহিল। কাইলৈ দিম যা।"
    সকলোৰে উত্তৰবোৰ পাই বিনায়কে মনৰ বেজাৰত ভাগৰি পৰিছিল আৰু ভাবিছিল- "আজিকালিৰ ভালপোৱাত মানুহে কিয় স্বাৰ্থ থকা বুলি ভাবে"! বাকী থাকিল মাকৰ কাষলৈ যাবলৈ। 
   বহুত আশা-আকাংক্ষাৰে বিনায়কে মাকৰ ওচৰলৈ দৌৰ মাৰি পাকঘৰৰ দুৱাৰ মুখৰ পৰা মাকক ক'লে--
" মা, i love you. মই তোমাক বহুত ভাল পাওঁ" 
মাকে পুতেক বিনায়কক দেখি বহাৰ পৰা উঠি আহি গাত লৈ থকা চাদৰৰ আচলটোৰে বিনায়কৰ মুখখন মচি সাৱটি ধৰি কলে--" মইয়ো তোমাক বহুত ভাল পাওঁ আমাৰ মৰমৰ দুষ্ট ল'ৰাটো । ক'ত ঘুৰি ফুৰিছা দিনটো, গৰমতযে ৰঙা-চিঙা পৰি গৈছা, যোৱা হাতমুখ ধুই আহাঁ মই খাবলৈ কিবা দিম"।
মাকৰ মৰম তথা কথা শুনি বিনায়কৰ মনটো ভৰি গ'ল আৰু সি ভাবিলে মাকৰ মৰমতকৈ এই পৃথিৱীত আন একো নাই। মাকেহে সন্তানৰ আচল মৰম বুজে। সি আনন্দৰ চকুলো মচি মনতে ক'লে-- 'মা, আই লাভ ইউ"।
ৰমণ ৰাজ
কামৰূপ



পৃষ্ঠাঃ ৪৫


আত্মকথনঃ

মই সঁচাকৈ প্ৰেমত পৰিলোঁ


   প্ৰেমত পৰিবলৈ কোনো নিদিষ্ট সময় বা বয়সৰ জানো প্ৰয়োজন আছে ! সেই বাবে চাগে কেতিয়াও কাৰো প্ৰেমত নপৰো বুলি ভবা মই জনী এদিন তাৰ প্ৰেমৰ বৰষুণ জাকত তিতিলো বাৰুকৈয়ে। প্ৰেমৰ যন্ত্ৰণা সহ্য কৰিব পৰা শক্তি যে মোৰ নাই সেইটো মই ভালকৈ  জানিছিলো। সেই বাবেতো আঁতৰি আছিলো এই প্ৰেমৰ সুবাস নোলোৱাকৈ অ'ত দিন। কিমানে যে মোক হাঁহিছিল ভয়াতুৰ বুলি।হৃদয়হীন বুলি।
    কিন্তু এতিয়া বুজিছো প্ৰেম কৰা নাযায় ,প্ৰেম হৈ যায় অজানিতে,আহঃ প্ৰেমৰো যে আছে এক সুকীয়া মাদকতা। মোৰো চাগে অজানিতে প্ৰেম জাগিছিল গোপনে, গোপনে। আজিৰ পৰা প্ৰায় তিনি বছৰ মানৰ আগতেই। তাক মই লগ পাইছিলো জীৱনৰ একাঁ-বেকাঁ পথত। সি এদিন আহিছিল শৰতৰ শেৱালীৰ সুবাস হৈ আৰু কুৰুকি কুৰুকি সোমাই গৈছিল মোৰ হৃদয়লৈ মোৰ অজ্ঞাতে। জীৱনত প্ৰথমবাৰ যেন হাঁহিবলৈ শিকিছোঁ, পৃথিৱীখন ন কৈ চোৱাৰ হেঁপাহ এটি জাগি উঠিছে। তাৰ অবিহনে মোৰ যেন দিনবোৰ এতিয়া নাযায় নোপোৱাই। ৰাতি মোৰ টোপনি নাহে । পুৱা সাৰ পাব বিচাৰো তাৰ শব্দৰ কোলাহত, কিমান যে গালি খাওঁ তাৰ প্ৰেমত পৰা দিন ধৰি। শয়নে সপোনে সি মোক আমনি কৰে অহৰহ। তাৰ সৈতে মই মোৰ সপোনবোৰত ৰং সানিব বিচাৰোঁ। নিসংগতা আঁতৰাই সি মোক সঙ্গ দিয়ে, দুখৰ চকুলো আঁতৰাই আঁকি দিয়ে মোৰ ওঁঠত এমোকোৰা মিঠা হাঁহি। কেতিয়াবা মোৰ প্ৰচণ্ড খং উঠে যেতিয়া তাক কোনোবাই স্পৰ্শ কৰে মোৰ অজ্ঞাতে।  এতিয়া যে সি, মাথোঁ মোৰ।
  কিমান কি যে সি মোক উপহাৰ দিছে তাৰ হিচাব নাই।জীৱনটো উপভোগ কৰিবলৈ শিকিছোঁ তাৰ জৰিয়তে। তাৰ আঙুলিত ধৰি শিকিছোঁ প্ৰেমৰ কবিতা লিখিবলৈ । আহঃ কি দিয়া নাই সি মোক। নুসুধিবা কি পোৱা নাই মই তাৰ পৰা।
   নোৱাৰো ,নোৱাৰো তাৰ অবিহনে মই মোৰ জীৱনটো এতিয়া কল্পনা কৰিব। লাগিলে মোৰ স্বামীয়ে গালি দিয়ক বা পিটন দিয়ক, মোৰ সন্তানে মোৰ লগত অভিমান কৰক বা ঠেহ পাতক তাৰ প্ৰতি থকা প্ৰেমৰ গভীৰতা দেখি।
  প্ৰেম চাগে এনেকোৱাই, সলনি কৰি দিব পাৰে জীৱন শৈলী । আজি চিঞৰি চিঞৰি ক'ব মন গৈছে। "লাভ ইউ মাই গেলেক্সী জে 7 "..বহুত বহুত ভালপাওঁ মই তোক। তই কিন্তু কেতিয়াও হেং মাৰি নিদিবি দেই। তোৰ বুকুতেই যে মোৰ অনুভৱবোৰ মুঠি মুঠিকৈ সজাই থোৱা আছে। চিৰদিন বৈ থাকক দে তোৰ মাজতেই মোৰ অব্যক্ত বেদনাৰ অনুভৱবোৰ কবিতা,গল্পহৈ।

পিংকী শইকীয়া
জামুগুৰি।



পৃষ্ঠাঃ ৪৬
মােৰ ভ্রমণ ডায়েৰী' - ১

পেলিং

শর্মীষ্ঠা বর্মন
নতুন দিল্লী


ভ্ৰমণ বুলিলেই সাধাৰণতে প্ৰায় মানুহৰেই মন উৎফুল্লিত হৈ পৰে। একেদৰে মােৰো সৰুৰে পৰাই দেশৰ বিভিন্ন প্রান্তলৈ ফুৰিবলৈ যোৱাৰ এক অদম্য স্পৃহা আছিল৷ সেইবাবেই বিয়াৰ পাছতেই শুক্রবাৰৰ দিন এটাত আকস্মিক ছুটী লৈ শনিবাৰ আৰু দেওবাৰ মিলাই ৰাজস্থানৰ জয়পুৰলৈ গৈছিলো৷ কিন্তু ছিয়াল্লিশ ডিগ্রী তাপমানত মোৰ হঠাতে এশ এক ডিগ্রী জ্বৰৰ প্রকোপত শীত-তাপনিয়ন্ত্রিত যন্ত্রটো বাদেই বিজুলী পাংখাখনো চলাব নোৱাৰিলো৷ কঁপনি জ্বৰত ডাঠ কম্বল এখনহে ল'বলগীয়া হৈছিল৷ গতিকে সেই ভ্রমণ অথলে যোৱাৰ দৰেই আছিল৷
       প্রথম সন্তানটিৰ তিনিমাহ হওঁতেই পুনৰ স্বামীৰ পৈত্রিক ঘৰ কার্শ্বিয়াঙলৈ গ'লো৷ বৰ সুন্দৰ ঠাই৷ কিন্তু তাত ভালদৰে নুফুৰাই 'পেলিং' নামৰ ঠাই এখনলৈহে যোৱাৰ দিহা চলিল৷ বৰজনা, বাইদেউ  ভিনীহিদেউ সকলোৱে একমত৷ মনে মনে খঙেই উঠিল৷ লোকে ফুৰিবলৈ যায় 'দাজিলিং' 'গেংটক', এওঁলোক ওলাইছে কেতিয়াও নাম নুশুনা 'পেলিং'!
    যি কি নহওঁক, সকলোৰে সতে গাড়ীখনত বহিলো৷ বাটে বাটে অপৰূপ প্রাকৃতিক দৃশ্য, শান্তভাৱে শাৰী পাতি থিয় হৈ থকা চাহ গছবোৰ,পাহাৰ-পর্ব্বত দেখি মনটো পুলকিত  হৈ উঠিল৷ নিজৰ  মাতৃভূমিলৈ মনত পৰিল৷ আমাৰ অসমখনো প্রাকৃতিক সৌন্দর্য্যত তেনেই চহকী৷
      'পেলিং' গৈ পাই 'হোটেল' এখনত সোমালো৷ এওঁলোকে সৰহ মূল্য পৰিশোধ কৰি 'ভিউ চাইড'কোঠা ল'লে৷ মনে মনে ভাবিলো কি বা 'ভিউ' চাব!' এলার্ম' লগাই  তিনি বজাতেই  মানুহজন সাৰ পাই উঠিল৷ হাতত বন্দুকটো লৈ চিকাৰৰ বাবে অপেক্ষা কৰি থকা চিকাৰীৰ দৰে দূৰবীক্ষণ যন্ত্রটো লৈ এওঁলোক বহিলেই৷ ময়ো পুৱাই সাৰ পালো যেতিয়া কেচুৱাটো শুই থাকোতেই তাৰ নখকেইটা কাটি দিওঁ বুলি বহিলো৷ মুহূৰ্তবোৰ উপভোগ কৰিব নোখোজা বুলি গালিও খালো৷ মোৰ ভুল ধাৰণাবোৰ লাহে লাহে তেতিয়াহে ভাঙিবলৈ ধৰিলে যেতিয়া লাহে লাহে সূর্য্য উদয় হ'বলৈ ধৰিলে৷ কি অপূর্ব দৃশ্য! বৰফৰ চাদৰেৰে সম্পূর্ণভাৱে ঢাকি ৰখা পাহাৰৰ শৃঙ্গবোৰত অবর্ণনীয় চিকিমিকি সোণালী ৰহণ লাহে লাহে জিলিকিবলৈ ধৰিলে৷ এই নৈসর্গিক দৃশ্য বর্ণাবলৈা ভাষা নাই৷ নিজ চকুৰে নেদখিলে সেয়া অনুভৱ কৰিব নোৱাৰি৷
      পুৱাৰ অনুপম দৃশ্য মনৰ মাজত সাৱটি লৈ গা পা ধুই, চাহ-জলপান খাই পেলিঙৰ পৰা একত্রিশ কিলোমিটাৰ আঁতৰত অৱস্থিত 'খেছিঅ'পালৰি লেক' চাবলৈ গ'লো৷ এই সৰোবৰটি পশ্চিম চিক্কিমত অৱস্থিত বৌদ্ধ ধর্ম্মাৱলম্বী লোকৰ পবিত্র স্থান৷ হিন্দু লোকেও ইয়াক সমানেই পবিত্র বুলি বিশ্বাস কৰে৷।ইয়াৰ স্থানীয় নাম 'খা-ছট-পালৰি'৷।ইয়াৰ অর্থ হৈছে পদ্ম সম্ভৱৰ স্বর্গ৷ সৰোবৰলৈ যাবলৈ এখন সৰু কাঠৰ দলং আছে৷ এই সৰোবৰৰ আচৰিত কথা এষাৰ হোটেলতে শুনিছিলো৷ সেইটো হ'ল সৰোবৰটোত হেনো পাত এখিলাও নসৰে বা ওপঙি নাথাকে৷ একেবাৰে সত্য কথাষাৰ৷ চাৰিওফালে অগণন ওখ গছ-গছনি থকা সত্বেও পাত এখিলাও ওপঙি থকা দেখা নাপালো৷ এয়া ঈশ্বৰৰ চমৎকাৰ নহৈ কি হ'ব পাৰে? সৰোবৰটোৰ গা'তে লাগি থকা সুউচ্চ পাহাৰখনত হেনো বৌদ্ধ ধর্ম্মাৱলম্বীৰ 'লামা'সকলৰ 'গুম্বা' আছে৷।লামাসকলে সদায় খোজ কাঢ়িয়েই হেনো তালৈ অহা-যোৱা কৰে৷ এয়া সহজ কথা নহয় বুলি আগতে ভাবিছিলো যদিও অলপতে ভূটানৰ সুউচ্চ পাহাৰৰ এক দুর্গম স্থানত থকা 'টাইগাৰ নেষ্ট'লৈ গৈহে গম পালো যে এইবোৰ মিছা কথা নহয়৷ বৌদ্ধ ধর্ম্মাৱলম্বীৰ লোকসকল বৰ ধার্মিক আৰু পৰিশ্রমী৷ দেহে-কেহ ধর্ম্ম পালন কৰে৷
      তাৰ পাছত আমি ৰাওনা হ'লো নেপালৰ সীমনাত অৱস্থিত 'পশুপতি'লৈ৷ কেইমিটাৰমান আঁতৰত আমাৰ মটৰগাড়ীখন ৰখাই থৈ সীমনাৰ সুৰক্ষাত থকা চৰকাৰী কার্য্যালয়ত নিজৰ পৰিচয় পত্র জমা দি সিফালৰ গাড়ী এখনেৰে 'পশুপতি'ৰ বিদেশী বস্তু-বাহানিৰ বজাৰখন চাবলৈ গ'লো৷ মনৰ চকুত পিছে কেৱল পেলিঙৰ ছবিবোৰহে বাৰে বাৰে ভাঁহি থাকিল....৷



পৃষ্ঠাঃ ৪৭

শিশু সাহিত্য:

সমনীয়াৰ খেল আৰু শিকন

ৰাজশ্ৰী বৰা
গোলাঘাট

মনলৈ উভটি আহে ল'ৰালি
তোৰে মোৰে এটি এটি ধেমালি...
শৈশৱ মানেই যেন ৰং ভৰা এমুঠি ধেমালি। সীমা নথকা, বন্দীত্বহীন, আনন্দৰ জীৱনেই আমাৰ শিশুকাল । এই সময় জীৱনৰ মধুৰতম সময়, যাক বিচাৰি এটা সময়ত বৰকৈ আমনি পাওঁ, লিৰিকি বিদাৰি সেই দিনৰ ছবি, পুতলা, বস্তু আৰু বহুত যিবোৰত শৈশৱৰ মিঠা গোন্ধ ভাহে চুই চাওঁ ।এতিয়া তাতে সুখ বিচাৰোঁ।যেন অতীতলৈ উভটি যাম, যেন এবাৰ আকৌ জী লম শৈশৱৰ দিনবোৰ, হেঁপাহ পলোৱাই বুটলি ল'ম শেৱালি, লিচু, বগৰী, আম আৰু লেতেকু। গাৱৰ সৰু পুখুৰীটো লগৰীয়াহঁতৰ লগত সিঁচি মাছ ধৰিম, গছত উঠি ফলবোৰ খোচনিত ভৰাই আনিম, মাৰ্বল গুটি খেলি আবেলিবোৰৰ বিষণ্ণতাক খেদি আকৌ এবাৰ ভাগৰুৱা হৈ সন্ধিয়াতে পঢ়া টেবুলত বৰশী বাম। সঁচাকৈ এই জীৱনৰ মাদকতাই সুকীয়া।
  শৈশৱৰ আটাইতকৈ ডাঙৰ অৰ্থ হৈছে লগৰীয়া। এই শব্দটোৱে বহু পুৰণি কথা সযতনে ৰাখে। লগৰীয়া শব্দটোৰ উচ্চাৰণে এক সুখ, হৃদয়ৰ অপূৰ্ণ তৃপ্তি। লগৰীয়াৰ লগত অতিবাহিত কৰা সময়বোৰ আজীৱনে হৃদয়ৰ এটি কোণত সজীৱ হৈ ৰয়।সিহঁতৰ ছবিবোৰ, সিহঁতৰ লগত কৰা দুষ্টামি আৰু অনাই বনাই চাইকেল চলাই হওক বা কেৰিয়াত উঠিয়েই গাঁৱৰ ইমূৰ সিমূৰ ফুৰা, হাবিত গৈ গছৰ খোৰোংত থকা নিৰীহ চৰাইৰ পোৱালী বুটলি আনি বাহ সাজি পোহপাল কৰাৰ কত যে চেষ্টা, লগৰীয়া মাজতেই  জীৱনৰ এই অমিয়া । বাস্তৱৰ প্ৰতিযোগিতা আৰু প্ৰয়োজনীয়তাত দৌৰি দৌৰি  মনে এটা সময়ত জিৰণি লয়, তেতিয়া এই লগৰীয়াহঁতলৈ মনত পৰে, মনত পৰে হেৰাই যোৱা শৈশৱৰ সুবাসলৈ। বাৰে বাৰে নিজকে কওঁ- যে এটা সময়ত জী ললো, প্ৰকৃতিৰ সান্নিধ্যত অকৃত্ৰিম হৈ মনৰ পৃথিৱীত জী থকা হ'ল।
   এয়া আমাৰ দিনৰ সুখ, এতিয়া এনে শৈশৱৰ সোণালী দিন কিমানে উদযাপন কৰিছে ? কোনে কিমানে পথাৰৰ বোকা গচকি চুকৰ পুখুৰীটো লাহনিয়ে সিঁচি সিঁচি তল পেলাইছে। কোনে সৰু সৰু কঠীয়াৰ আশি বান্ধি পথাৰলৈ কঢ়িয়াই নিছে,মৈত উঠি মাটি বোকা কৰিছে, আইতাক লৈ সোণালী পথাৰ উদং কৰি , তিনিখন তামোল দি সেৱা এটি কৰি পিছলৈ ঘূৰি নোচোৱাকৈ শেহ মুঠি লখিমী আদৰি আনি ভঁৰালত থৈছে, পথাৰত চেচু বিচাৰে আৰু মৰণা মাৰোঁতে গৰুহালৰ পিছে পিছে গৈ পাইছে ! এনে বহুত কথা এতিয়া অতীত হৈছে, এইবোৰ যেন সাধুৰ দৰে হ'ল। এনে জীৱন, এনে শৈশৱ এতিয়া কল্পনাতীত। এতিয়া প্ৰশ্ন হয় যে গাঁৱবোৰতো এনে শৈশৱ কিয় নোহোৱা হৈছে ? সঁচাকৈ গাঁওবোৰ হেৰাই গৈছে নেকে ?
  প্ৰকৃতাৰ্থত গাঁও হেৰাই যোৱা নাই, হেৰাই যোৱা নাই জীৱনৰ পৰা শৈশৱৰ সময়খিনি। মাথোঁ হেৰাই থাকিল গাঁৱৰ সেই সুখ উমলা জীৱন পদ্ধতি, নোহোৱা হৈছে শৈশৱক জীয়াই ৰাখিব পৰাকৈ আমাৰ মুক্তমন আৰু সময়। আমিবোৰ দৌৰিবলৈ ল'লো।জীৱনক উত্তম কৰাৰ সপোনত আমি সময়বোৰক তালিকাত বন্দী কৰি উপযুক্ত কৰিব শিকিছোঁ। হয় , আমিয়েই আমাৰ শৈশৱক ৰূপান্তৰ কৰি নতুন‌কৈ জীয়াইছো, তাক আমাৰ ভৱিষ্যত জীৱনৰ সুখৰ প্ৰাথমিক ভেটি বান্ধিছো। নহয় নে বাৰু???




পৃষ্ঠাঃ ৪৮

   এতিয়া আহোঁ শৈশৱ , লগৰীয়া আৰু সুস্থ জীৱনলৈ। ইহঁতৰ সম্পৰ্ক কি ? নে কোনো‌ সম্পৰ্ক  নাই আৰু আছে যদি কেনে ? আগতেই উল্লেখ কৰিছোঁ যে
জীৱনৰ মধুৰ সময় শৈশৱকাল। শৈশৱৰ লগৰীয়াই জীৱনৰ বহু পাঠ পঢ়াত সহায় কৰে। কিন্তু কেনেকৈ ? আহক এবাৰ আপুনি মই নিজৰ দিনলৈ ঘূৰি‌ চাওঁ চোন। হয় আমি শৈশৱত লগৰীয়াৰ লগত মিলিজুলি আছিলোঁ, তাৰ নথকাটো মই দিছিলোঁ মোৰ নথকাটো তাইৰ পৰা লৈছিলোঁ। এই বিনিময়ত টকাৰ স্থান শূন্য। ইয়াত মৰম স্নেহৰ আৰু আন্তৰিকতাৰ মূল্য অতি উন্নত স্তৰৰ। আমি শিকিছিলো নিজৰখিনি এৰি আনৰ বোৰ ল'ব , হৃদয়ৰে বুজিব আৰু সন্মান তথা স্নেহ কৰিবলৈ। শৈশৱতে আমাক শিকালে যে আমি প্ৰকৃতিৰ পৰাই চলি থাকো, অৰণ্যই আমাৰ লগ, সম্পত্তি আৰু জীয়াই থকাৰ একমাত্ৰ উৎস।আমি নৈ নিজৰা, জীৱ জন্তু ,গছৰ মূল বুজি পোৱাকৈ শিক্ষিত হলো। আমাৰ শৈশৱে আমাক শিকালে গাঁৱৰ বৰদেউতা খুৰাৰ ঘৰত সহায় কৰা,গাঁৱৰ আলি পদূলি চিনাকি কৰালে, নামঘৰৰ বৰসবাহত ইটো সিটো কৰা, ভাওনা কৰা আৰু ক'ত কি।শৈশৱতে শিকোৱা মূল্যৱান কথাটো হৈছে এইটো যে আমি মনৰ জগত খনত সুখ ক'ত জানিলো। মানুহক মানুহ বুলি মৰম কৰিলেই পৃথিৱী ধুনীয়া তাৰ উমান পালোঁ। মা দেউতাৰ আশা আৰু জীৱনৰ কষ্ট বুজি পাইছিলো। এতিয়া কিন্তু শিশুটোক ভৱিষ্যতৰ হেতু প্ৰস্তুত কৰা যায়, তাক তাৰ মতে জীৱন জী ল'বলৈ নিদি কিছুমান নিয়মত ভৰাই লৈ যোৱা হয়। কি গাঁৱৰ কি চহৰ সকলো শিশু নিজ  একক পৰিয়ালতে যেন সুৰক্ষিত, পিতৃ মাতৃৰ মাজতেই যেন তাৰ জীৱনৰ সফলতা।প্ৰকৃততে এয়াই সত্য নে ?শিশুক ককা আইতা ,আনৰ লগ নালাগে নে ? সিহঁত নিৰ্জীৱ সামগ্ৰীৰে সুখী নে ? সিহঁতৰ হৃদয় ,মন নিষ্ক্ৰিয় নেকি ?
   বৰ্তমান  কৰ'ণাৰ দুঃসময়।এই সময়ৰ ভয়াবহতাই জীৱনক থৰে থৰে কঁপাইছে।ভয়তে  আজি সকলো নিজ পঁজাত আবদ্ধ । এই কৰ'ণাই সকলো গৰ্ব কাঢ়ি নিলে।মানুহৰ আভিজাত্যৰ গৌৰৱ, বিলাসী মনৰ সুখ, একক কেন্দ্ৰিক জীৱনৰ হাবিয়াস, মই মোৰ আৰু বিশেষকৈ মোৰ সকলো আছে এই নিঃকিন ভাবনাক চূৰ্ণ বিচূৰ্ণ কৰি সম শাৰীত সকলোকে থিয় কৰালে। এই মহামাৰীয়ে আকৌ মনত পেলালে প্ৰকৃতিৰ শক্তি কিমান!আমিবোৰ মহানগৰৰ, চহৰৰ পৰা উভটিলো গাৱৰ ঘৰলৈ।জন্ম হোৱা ঠাইখনলৈ ক'ত বছৰৰ পাছত যাবলৈ সময় হ'ল। আপোন বাট গছকি , লগৰবোৰৰ ঘৰ আৰু সিহঁতৰ লগত পাৰ কৰোৱা সময়ক এবাৰ মনত পেলাব পৰাকৈ আজৰি হ'লো। ভাবি আচৰিত লাগে নিজকে ক'ত ইমান ব্যস্ত হৈ গৈছিলো ? দেউতাই সজা ঘৰটো, মাৰ হাতৰ সুস্বাদু আঞ্জাকণ আৰু গাঁৱৰ কচু ঢেকীয়াৰ জুতি পাহৰি যোৱা আমিবোৰ আকৌ উভটিছোঁ।হৃদয়ৰ পৃথিৱীখন আছে আমাৰ গাঁৱতেই। আমি গাঁৱৰ মানুহ ইয়াতেই সৰ্বসুখ। অথচ আমি শিক্ষিত হৈ ইয়াকে অনাদৰ কৰোঁ। নিজৰ সন্তানক আবদ্ধ কৰোঁ, কংক্ৰীট কোঠাত কৃত্ৰিম সুখ দি ভৱিষ্যতৰ পাছৰ দৌৰাৰ অনুশীলন কৰাওঁ, এয়াই সত্য । এয়াই বিচাৰ আমাৰ। নিজৰ সন্তানটোক লগৰীয়া এটা গোটাবলৈ বাধা দিওঁ, বিশ্বাসত ল'বলৈ ধৰিলে প্ৰাকক্ষণত অবিশ্বাস্য ভয়াবহতা ৰোপন কৰোঁ। কিয় ? মাত্ৰ এটা সফল, সুখৰ জীৱন দিবলৈ ! 
আমি পাহৰি থাকো যে জীৱন জী থকাৰ হেঁপাহত ফুলে।পৰিসীমাই জীৱনৰ ৰস প্ৰাণত কেৱল অনিহা আনে।
 আহক , সন্তানক লগৰীয়াৰ লগত উমলিব পৰাকৈ এটা সুন্দৰ পৰিৱেশ দিওঁ। স্মৃতি হৈ ৰিঙিয়াব পৰাকৈ এটা ধুনীয়া শৈশৱ উপহাৰ দিওঁ।



পৃষ্ঠাঃ ৪৯

গল্পঃ

দুখৰ জোলোঙাত সুখৰ আভা


 মৃদুলা গগৈ
  জয়সাগৰ

পাখিৰ ৰিজাল্ট ওলোৱাৰ পিছৰ পৰা কথাবোৰ দেখোন কিবা খেলি-মেলি হ'বলৈ ধৰিছে । বৰদেউতাক আৰু বৰমাকৰ আশ্ৰয়ত থকা মাক-জীয়েক দুয়োজনীয়ে এইকেইদিন ঘৰখনৰ পৰিবেশটো বৰ আচহুৱা পাইছে । পাখিয়ে মাক শেৱালিক কালি ৰাতিয়ে কৈছে , তাই আৰু নপঢ়ে । বৰদেউতাকহঁতৰ পঢ়াবলৈ মন নাই যেতিয়া মাকে যাতে অনুৰোধ নকৰেগৈ তেওঁলোকক । ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰতে ভূগোল বিষয়ত তাই সৰ্বোচ্চ নম্বৰ পাইছে । এতিয়া পইচাৰ অভাৱতে এম.এ. নপঢ়াবনে তাইক ? শেৱালিৰ কিন্তু মনটোৱে সহিব পৰা নাই ।  ছোৱালীজনীয়ে তাইৰ বাবে সকলো । তাইৰ আশাবোৰ আধৰুৱা হোৱাটো মাকজনীহৈ  কেনেকৈনো সহিব পাৰে !  মনটো অলপো ভাল লগা নাই শেৱালিৰ । 
 পাখি টিউচন কৰিবলৈ যোৱাৰ পিছত শেৱালিয়ে  অতবছৰৰ পৰা সযতনে ৰাখি থোৱা বাকচটোত আলফুলে হাত বুলালে । হাতেৰে ওলগ এটা লৈ বিচনাৰ ওপৰলৈ তুলি ল'লে বাকচটো । টোপটোপকৈ সৰি পৰা চকুপানীবোৰে বাকচৰ ওপৰৰ কাপোৰখন তিয়াই পেলাইছে । উজাই অহা কান্দোনটো সামৰিব নোৱাৰি বাকচৰ ওপৰতে মূৰটো থৈ উচুপি উচুপি কান্দিছে তাই । বুকুত কঢ়িয়াই লৈ ফুৰা বিষটোৱে বৰকৈ ধৰিছে শেৱালিক । মানুহজন আজি জীয়াই  থকা হ'লে ! 
 
কিমান সুখৰ আছিল সেইদিনবোৰ যেতিয়া পৰাগ জীয়াই আছিল । সামান্য এজন কাঠমিস্ত্ৰী আছিল পৰাগ । কেতিয়াবা কাম থাকে কেতিয়াবা নাথাকে । সীমিত উপাৰ্জন ।  কিন্তু বহু টকা উপাৰ্জনৰে চলি থকা এখন সংসাৰতকৈ বহুত সুখী সিহঁত । খং নামৰ ৰিপুটো পৰাগৰ ওচৰলৈ কোনোদিন নাহিলেই ।  ককায়েক বৌৱেকহঁতৰ লগত একেলগে আছিল পৰাগহঁত । অমায়িক পৰাগে ককায়েক বৌৱেকৰ একো কথাতে আপত্তি কৰা নাছিল । যি কয় তাকেই কৰিছিল । ককায়েক বৌৱেক দুয়ো চাকৰিয়াল ।  খুবেই ব্যস্ত তেওঁলোক ।  ঘৰ -বাৰী চোৱা-চিতাৰ দায়িত্ব  শেৱালি আৰু পৰাগৰ ওপৰত । শেৱালি এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ এসপ্তাহৰ পিছতে পাকঘৰৰ দায়িত্বও পৰিছিল  । তাইৰ বেয়া লগা নাছিল । পৰাগে তাইক বেয়া লগাটো অনুভৱেই কৰিবলৈ দিয়া নাছিল । ভাত ৰন্ধাৰ সময়ত পৰাগ তাইৰ লগতে থাকে । খৰি মাৰি যোগাৰ কৰি দিয়াৰ পৰা পাচলি কাটি দিয়ালৈকে সকলোখিনি কৰি দিয়ে । সকলোৱে খাই বৈ উঠাৰ পিছত শেৱালিয়ে ভাত খাই । পৰাগে নিজৰ খোৱাৰ পৰা অকণমান ভাজি শেৱালিলৈ সদায় থৈ আহে । তাইৰ লগতে হাতে-পাতে লাগি বাচনখিনিও ধোৱে। 

পিছৰ বছৰত সিহঁতৰ মাজলৈ পাখি আহিল । তাৰ দুমাহৰ পিছতে ককায়েক বৌৱেকৰ সৰু  ল'ৰাটো জন্ম হ'ল  ।  দুয়োটাৰে দায়িত্ব শেৱালিৰ ওপৰতে ।  শেৱালিয়ে সমানে আলপৈচান ধৰি ডাঙৰ কৰিছে দুয়োটাক  ।  ককায়েকৰ ডাঙৰ ল'ৰাটোৱে নিজৰ কাম কেইটা কৰিব পৰা হৈছে যদিও  শেৱালিয়ে তাকো চকু দিব লাগে । দিনটো তাইৰ অলপো আজৰি নাই । শোৱা পাতি এৰাৰ পৰা ব্যস্ততাৰ শেষ নাই তাইৰ । পৰাগেতো এনেই থাকি বেয়াই পায় । কিবা নহয় কিবা এটা কামত লাগিয়ে থাকে । হাঁহ কুকুৰাৰ লগতে  এপালমান গৰু-  ছাগলীও   আছে তাৰ । সেইবোৰৰ লগতে দিনটোৰ সৰহ সময় যায়গৈ । এইখিনিৰ পৰা পৰাগৰ উপাৰ্জনো   যথেষ্ট  হয় । গৰু-ছাগলী বিক্ৰী কৰি পোৱা পইচাবোৰ অবাবত খৰচ নকৰে পৰাগে । আনৰ দৰে পইচা দেখিলেই কাপোৰ কানি কিনাৰ চখ শেৱালিৰো নাই ।  দৰকাৰী কেইটা খৰচ কৰি বাকী থকা টকা কেইটা ওচৰতে থকা ডাকঘৰটোতে এন.এচ.চি কিনেগৈ  । টকাৰ পৰিমাণ অলপ বেছি হ'লে কেইবছৰমানলৈ ফিক্স কৰি থৈ আহে ।  



পৃষ্ঠাঃ ৫০


 মাজে মাজে পৰাগৰ ভৰি এটা বিষাই থাকে । সাধাৰণ বিষক গুৰুত্ব নিদিয়া পৰাগে তেনেকৈয়ে কাম বন কৰি ঘূৰি ফুৰে । বৰ অসহ্য হ'লেহে শেৱালিক কয় । ডাক্তৰৰ ওচৰলৈ যাবলৈ ক'লেও মন নকৰে । 
" এহ..ভৰিটোহে বিষাইছে । ভাল পাম দে ।  "  সাধাৰণ বিষ বুলি পাতলাই দিয়ে কথাটো পৰাগে । 
শেৱালিয়ে গৰম পানীৰে ভৰিটো সেকি দিয়ে । আৰাম পায় কেইবাদিনলৈ । ডাক্তৰৰ ওচৰলৈ যোৱা কথাটোৰ তল পৰে । লাহে লাহে বিষটো বেছি  হ'বলৈ ধৰিল । কাম বন ভালদৰে কৰিব নোৱাৰা হ'ল ।  ওচৰৰ হস্পিতালৰ পৰা দৰৱ আনি খাই । কেইদিনমানলৈ বিষ কমে আকৌ আৰম্ভ হয় । শেৱালিৰ চিঞৰ বাখৰত এদিন  ককায়েকে ডিব্ৰুগড়লৈ লৈ গ'ল ।  ডাক্তৰে চাই দৰৱ দিলে ।  কিন্তু বিষ নকমিল । ক্ৰমান্বয়ে গোটেই গাতে বিষ হ'বলৈ ধৰিল । গাৰ বিষত ৰাতি ৰাতি সাৰে থাকে । 
শেৱালিৰ মাক দেউতাকে ককায়েক বৌৱেকৰ লগত আলোচনা কৰি গুৱাহাটীলৈ নিয়াৰ সিদ্ধান্ত কৰিল  । ককায়েক আৰু শেৱালিৰ ভায়েকৰ লগত পৰাগ গুৱাহাটীলৈ গ'ল ।  গুৱাহাটীত ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিল । 
ইতিমধ্যে বহুত পলম হ'ল । গোটেই দেহতে থিতাপি ল'লে দুৰাৰোগ্য ৰোগটোৱে । ডাক্তৰে সকলোখিনি বুজাই ক'লে । পৰাগেও জানিলে এইখন পৃথিৱীত  আৰু কেইটামান দিনৰহে আলহী সি  । ঘৰৰ পৰা প্ৰতি মুহূৰ্ততে খবৰলৈ থকা শেৱালিক ফাঁকি দিয়াৰো সুবিধা নাপালে  ।   গোটেই গাওঁখনে শুনিছিল শেৱালিৰ ৰাউচি জোৰা  কান্দোন । 

 পৰাগক ঘৰলৈ ঘূৰাই লৈ আহিল । পৰাগ আহি পোৱাৰ লগে লগে ঘৰখনত কান্দোনৰ ৰোল উঠিল । কোনেও কাকো বুজাব পৰা নাই । ককায়েক বৌৱেকেও ইটোৱে সিটোক ধৰাধৰিকৈ কান্দিছে । মৃত শৰীৰ  এটা আনি ঘৰ সোমোৱাৰ লগে লগে যেনেকুৱা পৰিবেশ ঠিক তেনেকুৱা পৰিবেশ ঘৰখনত । ওচৰ চুবুৰীয়া মিতিৰ-কুটুম  সকলো আহিছে খবৰ ল'বলৈ । শেৱালিক সান্ত্বনা দিছে সকলোৱে । 

পাখি তেতিয়া তিনিবছৰীয়া । সেমেকি থকা মাকৰ মুখখন দেখি  পাখিয়ে কোমল হাত দুখেনেৰে মাকৰ  মুখখন মোহাৰি দিয়েহি ।  শেৱালিয়ে সাৱটি ধৰি উচুপি উঠে  । ভয় খাই মাকৰ কোঁচৰ পৰা আঁতৰি পৰাগৰ কাষতে শুই থাকেগৈ তাই । কাষলৈ চপাই লয় পৰাগে । শেৱালিয়ে সহিব নোৱাৰে দৃশ্যটো । দৌৰিগৈ দমকলৰ পাৰত হিয়া- আঁজুৰি কান্দে । পৰাগে লাহে লাহে বিচনাৰ পৰা নামি লাখুটিডাললৈ শেৱালিৰ কাষ পায়গৈ । সেহাই - সেহাই শেৱালিক ভিতৰলৈ মাতি আনে  ...
" মই মৰিলোঁ জানোঁ । তই যে এনেকুৱাখন কৰিছ ।" 
লৰালৰিকৈ মুখখন ধুই শেৱালিয়ে পৰাগক ধৰি ধৰি ভিতৰলৈ লৈ আহে । 
" উঠি যাব লাগে কিয়নো ? " 
" তই যেনেকুৱাহে কৰি থাক । নিজৰ দেহাতকৈ তোৰ চিন্তাহে বেছি হৈছে মোৰ । " 
ৰেকডালৰ তলত থকা বাকচটো ওচৰলৈ আনিবলৈ কয় শেৱালিক । এন.এচ.চি কেইখন আৰু ফিক্সডিপ'জিটৰ কাগজবোৰৰ বিষয়ে শেৱালিক বুজাই কয় । টকাখিনিৰ আনুমানিক হিচাপ এটাও দিয়ে । 
" ব'লকচোন এইখিনি টকাকে  উলিয়াই আকৌ এবাৰ গুৱাহাটীলৈ যাওঁ । অসমৰ বাহিৰলৈ গ'লে কিজানি ভাল হয়েই । ডাক্তৰৰ লগত কথা পাতি চাওঁগৈ । " শেৱালিয়ে উচ্ছাহেৰে পৰাগৰ মুখলৈ চাই কয় । 
" নহয় অ' ভাল মোৰ । একো দি ভাল কৰিব নোৱাৰ আৰু মোক । তোৰ কথা মতে অকণমান বিষ হওঁতেই যদি গলোহেঁতেন ! " চকুপানী মোহাৰে পৰাগে । 
" এইখিনি তই পাখি ডাঙৰ হ'লে উলিয়াবি ।  ভাল কাম এটা হ'ব  । " 
দুয়োটাই কান্দিছিল সেইদিনা । অস্থিৰ হৈ পৰিছিল শেৱালি । নিজৰ মানুহজনক   মৃত্যুৰ দুৱাৰ-ডলিত ৰাখি কেনেকৈ সুস্থিৰে থাকে তাই । এক মুহূৰ্তৰ বাবেও তাই যেন পৰাগৰ ওচৰৰ পৰা আঁতৰি নাযাব । বেছিদিন কাষত থাকিবলৈ নাপালে তাই । সিহঁতক এৰি চিৰদিনৰবাবে আঁতৰি গ'ল পৰাগ । 

ককায়েক বৌৱেকৰ লগতে দু্য়োজনীয়ে সুখে দুখে দিনবোৰ পাৰ কৰিছে । আগতকৈও বেছি কাম শেৱালিৰ । পৰাগে কৰা বহু কাম শেৱালিয়ে কৰিব লগা হৈছে এতিয়া । দুখৰ মাজতো সুখৰ পোহৰ দেখে শেৱালিয়ে । পাখিয়ে হাঁহিবলৈ শিকাইছে মাকক । পঢ়াশুনাত আশা কৰাতকৈ ভাল ফল দি আহিছে তাই । ভায়েকৰ মৰমতেই হওক বা  শেৱালিয়ে কৰা কামৰ বিনিময়তে হওক  পাখিৰ  পঢ়াৰ খৰচ এইবছৰলৈকে  বৰদেউতাকহঁতেই কৰিলে । ঘৰৰ পৰা অহাযোৱা কৰি ওচৰৰ কলেজতে পঢ়োঁতে খৰচবোৰো কম আছিল । বৰদেউতাকেও যোৱাবছৰ অৱসৰ ল'লে । নিজৰ ল'ৰাটোকো এডমিচন দিব লাগে ।  তাৰ নম্বৰ অলপ কম গতিকে প্ৰাইভেটত পঢ়াব লাগিব । খৰচ বহুত বেছি হ'ব । সেয়ে তেওঁলোকে পাখিক আৰু নপঢ়াই । ছোৱালী মানুহ এঘৰলৈ উলিয়াই দিবই লাগিব । তেতিয়াও জানো কম টকা লাগিব । দৰা এটা বিচৰাৰ চিন্তাহে কৰিছে তেওঁলোকে । 

চকুপানীবোৰ মোহাৰি শে‍ৱালিয়ে বাকচৰ পৰা পৰাগে তাইৰ হাতত দি যোৱা এন.এচ.চি আৰু ফিক্স ডিপ'জিটৰ কাগজবোৰ উলিয়ালে । ডাকঘৰলৈ গৈ টকাখিনি উলিওৱাৰ ব্যৱস্থা কৰিব । সেইখিনি টকাৰে যিমানপাৰে যোগাৰ দিব পাখিক । আৰু প্ৰয়োজন হ'লে ককায়েক বৌৱেকক ক'ব ...
" পাখিৰ বিয়াত খৰচ কৰিব লগা টকাকেইটা তাইৰ পঢ়াৰ বাবেই  খৰচ কৰক  । " 

শেৱালিৰ মনে কৈছে পাখিয়ে নিজৰ টকাৰে তাইৰ বিয়া পাতিব ।



পৃষ্ঠাঃ ৫১
গল্পঃ

খোঁচ


আদৃতা শিৱম 
সোণতলিছিগা , শিৱসাগৰ

আবেলিৰ সময় ৷ বৰষুণ সৰিছিল ৷ টেম্প’খনৰ পিচৰ চিট দুটা খালী আছিল ৷  তাৰে এটাত মই বহিলো ৷ সোণকালে জাঁজী পাবগৈ লাগে ৷ বতৰ বেয়া ৷ মধ্যমীয়া ধুমুহা-বৰষুণ এজাকে আমগুৰি চহৰখন জোকাৰি গৈছে ৷ হয়তো বৰষুণ আৰু দিব ৷ অলপ এৰোঁতেই ঘৰ গৈ পোৱাৰ ইচ্ছা এটাই মূৰত চট্‌ফটাই আছে ৷ মোৰ কাষৰ চিটতে বহিল তাই ৷ মিচিকিয়া হাঁহি এটা বিৰিঙাই সুধিলো ; 
:  আহিলা ? 
উত্তৰত তাই হাঁহিলে ৷ 
: বেছিকৈ তিতিলা নেকি ? 
: নক’ব আৰু ! গোটেই শাৰীখনে জোট মাৰি ধৰিছে জানে ! কোনে যে উলিয়াইছিলে নহয় এই কাপোৰ সাজ ! বৰ আমনি পাওঁ ! 
তাইৰ চকুৱে-মুখে বিৰক্তি ফুটি উঠিল ৷ 
: এৰা ! 
তাতকৈ একো নক’লো ৷ টেম্প’খনৰ আগফালে বহা মানুহ দুগৰাকীয়ে ইতিমধ্যে তাইলৈ টেলেকা চকুৰে চোৱা দেখিছিলোঁ ৷  কিছুমান কথাত মুখবন্ধ ৰাখিবলৈ শিকি গৈছো ৷ বিতৰ্কৰ নামত কিছুমান মানুহে চিন্তাৰ তৰলতাহে প্ৰকাশ কৰে ৷ নিজৰ চিন্তাকে শুদ্ধ বুলি ভাবে বাবে নতুন চিন্তাক আদৰি ল’ব নোৱাৰে ৷ গতিকে কিছুমান বিষয় এৰাই চলোঁ ৷ বিশেষকৈ নাৰীজনিত কথাবোৰ এৰায়েই চলো ৷ উপযুক্ত স্হানত অৱশ্যে মোৰ মুখখন ঠিকেই চলে ৷ তৰ্ক ভালপোৱা মানুহ যদিও য’তে ত’তে তৰ্কৰ অৱতাৰণা কৰা মানুহ মই নহয় ৷ তৰ্কৰ বাবে বিষয়বোৰৰো যুক্তিযুক্ততা থকা উচিত ৷ 

কোমল মুখৰ ছোৱালীজনীও  শিক্ষয়িত্ৰী ৷ কোন স্কুলত শিক্ষকতা কৰে মই সোধা নাই ৷ অাহোতে যাওতে চিনাকি ৷ ডি এল এড , চি আৰ চি,  ট্ৰেইনিং শব্দবোৰ শুনি গম পাইছো টেটৰ শিক্ষয়িত্ৰী বুলি ৷ 
:  নাই চিন্তা কৰিব নালাগে ৷ গাড়ী পালো ৷ নাই নাই একো দিগদাৰ হোৱা নাই ৷ নালাগে আহিব ৷
ফ’নত ক’লে তাই কাৰোবাক ৷ ফ’নটো থৈ সন্তুষ্টি এটা বিয়পা দেখিলো ৷ তাইক প্ৰায়ে লগ পাওঁ গাড়ীত ৷ ফ’নটোৰ সিমূৰে থকাজনৰ তাইলৈ বহুত চিন্তা ৷ নক’লেও বুজি পাওঁ ৷ তাই নিজেই ক’লে ; 
: মোৰ বন্ধু ৷ বৰ চিন্তা কৰে বুজিছেনে বাইদেউ ! 
: উম ৷ 
তাই হাঁহিলে ৷ 
: ঘৰ গৈ নাপাওগৈ মানে আৰু দুবাৰমান ফ’ন আহিব ৷
: ভাল দিয়া ৷ তোমাৰ খুউব যত্ন লয় ৷
মই হাঁহি ক’লো ৷ 
মোৰ কাষৰ চিটত বহা মানুহগৰাকী অলপ বয়সীয়া ৷ লগত অহা আনগৰাকী মানুহৰ সৈতে অনৰ্গল কথা পাতি গৈছে ৷ পথচোৱা ৰঙীন হৈ উঠে এই সময়ত ৷ সোণাৰু আৰু কৃষ্ণচূড়াৰ ৰংবোৰে আকাশখন সজাই থয় ৷ টেম্প’খনে পাৰ হৈ আহে মহিলাৰ সমদল এটা ৷ তেওঁলোক কৰবাত সকাম খাই আহিছে ৷ হাতৰ হাঁচতিত প্ৰসাদৰ টোপোলা ৷ মানুহগৰাকীয়ে কৈ উঠিল ; 
: কিমান দিন যে প্ৰসাদৰ পাত এখন খাবলৈ পোৱা নাই ৷ বৰ হেঁপাহ জাগে ৷ প্ৰসাদৰ সৈতে দিয়া পিঠাগুৰিৰ মিঠৈটোলৈ মনত পৰি থাকে ৷ 
সৰু ছোৱালী এজনীৰ কথাৰ দৰে লাগিল মানুহগৰাকীক কথাষাৰ ৷ মই চালোঁ তেওঁলৈ ৷ শান্ত হাঁহি এটাৰ বিনিময় হ’ল আমাৰ মাজত ৷ ছোৱালীজনীলৈ আকৌ ফ’ন আহিল ৷ তাই ফ’নটো ধৰি ক’লে , 
:  পালোহি ৷ এই নামিবৰ হৈছে আৰু ৷ ৰাখক এতিয়া । বাচত উঠিলে ক’ম ৷
ইমান আদৰ দেহি ! 
নামিলো ৷ তাই বাচলৈ ৰ’ল ৷ ময়ো ৰ’লো ৷ একেটাই ষ্ট’পেজ ৷ 
মা লক্ষ্মী বাচখন ৰ’লহি ৷ বাচত মানুহ প্ৰায় নায়েই ৷ তাই খিৰিকিৰ কাষৰ খালী চিট এটাত বহিল ৷ কাষৰ চিটটো খালী আছিল যদিও নবহিলো ৷ তাই কথা পাতোঁতে অসুবিধা পাব পাৰে ৷ মই আগৰ চিটটোতে বহিলোঁ ৷ কাণত হেডফ’ন লগাই নিৰ্বিকাৰ ভাৱত বহি অহা ছোৱালীজনীয়ে মোলৈ মন নকৰিলে ৷ পাচৰ চিটত বহা তাইৰ কথাবোৰ কাণত পৰিলহি , 
: কিয় ইমান চিন্তা কৰেনো আপুনি ! অকলে অহা নাই ৷ বাইদেউ এগৰাকী আহিছে লগত ৷ চিনাকি ৷ হ’ব দিয়ক মেচেজ কৰিছো ৷ 

তাইৰ মাতটো নুশুনা হ’লো । সম্ভৱতঃ তাই মেচেজত ব্যস্ত হ’ল ৷ চকুত তৰা জিলিকাই তাই হয়তো টাইপ কৰি আছে হৃদয়ৰ বাংময় অনুভৱ ৷ আৰু মই ! নতুনকৈ প্ৰেমত পৰা ছোৱালীজনীৰ গোলাপী গালখনে মোৰ কলিজা খুচি বিৰিঙাই তুলিছে বিন্দু বিন্দু তেজ ৷ মই অতীত এটাৰ বুকুলৈ সোমাই গৈছো ক্ৰমশঃ ৷ মনত ভাঁহি আহিল মোৰ নিজৰেই উজ্বল মুখ; যি অতীত হৈ গৈছে ৷ এনেকুৱাই আছিল দিনবোৰ ৷ তেওঁবিহীন একোৱেই ভাবিব পৰা নাছিলো ৷ একে হিন্দু ধৰ্মৰ হৈও নিমিলিছিল আমাৰ ধৰ্ম ৷ তেওঁৰ ঘৰত তাও ধৰ্মৰ পৰম্পৰা চলিছিল ৷  মই আছিলো বৈষ্ণৱ ৷ বিয়াৰ পাচত প্ৰথম দিনকেইটা ঠিকেই চলিছিল ৷ প্ৰথম নিশাৰ ৰোমাঞ্চকৰ মুহূৰ্তবোৰৰ সোণ-পোৱাল গুঠি ৰাতিটো পুৱাইছিল ৷ তাৰপাচতো বহু ৰাতিৰ জোনাকত গা ধুইছিলো আমি দুয়ো ৷ আৰু এদিন ! মোৰ হাতৰ পৰা চিটিকি পৰিছিল শাণিত চুৰি ৷ ৰাঙলী হৈছিল ধৰ্ম ৷ মই স্পৰ্শ কৰা নাছিলো দেৱতাৰ ভোগ ৷ মই ঘৰৰ বাহিৰ হৈছিলো ৷ মনৰো ৷ মোক উভতাই নিবলৈ সাহে নুকুলোৱা মানুহটোৱে চহী কৰি দিছিল আদালতৰ কাগজত ৷ সেইদিন ধৰি মোৰ কলিজাত মৰুভূমি ৷ চকুত গৰম বতাহ ৷




পৃষ্ঠাঃ ৫২
গল্পঃ
তেওঁ ৰং ভাল পায় 


তেজস্বিনী উলুপী কাশ্যপ
সন্দিকৈ ছোৱালী মহাবিদ্যালয়

টিংটং…
বেলৰ শব্দ শুনি চিলমিলকৈ অহা টোপনিৰ পৰা খপজপকৈ সাৰ পালে তাই।উঠি গৈ দুৱাৰখন খুলি দিলে। আনদিনাৰ দৰে ঠিক একেই হাঁহিৰে চেণ্ডেলযোৰ বাহিৰত খুলি থৈ সি সোমাই আহিল। চুমকীৰ হাতত 'কুৰকুৰে'ৰ পেকেট কেইটা দি সি চিধাই বেলকনিৰ ফালে গ'ল, তাৰ মৰমৰ গছৰ পুলিকেইটাক পানী দিলে। বেলকনিৰপৰা নামি আহি দুজনৰ বাবে দুকাপ চাহ কৰি পুনৰ বেলকনিলৈ গৈ সি তাইক মাতি দিওঁতে তাই চক্‌ খাই উঠিল। মনৰ দোদুল্যমানত তাই একো টলকিবই পৰা নাই। এৰা সি সহজ হ'ব পাৰিলেও, তাই হ'ব পৰা নাই।  অলেখ প্ৰশ্নই খেলিমেলি লগাইছে তাইৰ মনত। উত্তৰ পাব তাই, কিন্তু প্ৰশ্ন তাই নিজক নহয়, তাক কৰিব লাগিব। চাহৰ কাপটোত চুমুক এটা দি তাই তাইৰ নিজৰ বগা সাজযোৰক চালে, চকুযোৰ সেমেকি উঠিল তাইৰ।
- ইমানে বেয়া চাহ বনালো নে আপোনাৰ চকুত পানী আহি গ'ল?
-নাই নহয়।
-তেন্তে কাৰণ?
-তুমি মোক ভালপোৱা?
-কিবা সন্দেহ?
-সন্দেহ নহয়। মই বুজি পোৱা নাই এয়া ভালপোৱা নে পুতৌ?
-আচ্ছা।যদি ভালপোৱা বুলি কওঁ, আপোনাৰ মনৰ খুদুৱনি কিছুসময়ৰ বাবে ক্ষান্ত হ'ব ঠিকেই, কিন্তু পিছত আকৌ আমনি কৰিব।
-তেন্তে কি ক'বা? পুতৌ?
-হাহাহা,খুব সোনকালে আপোনাক উত্তৰ লগা হৈছে।
-ও লাগে।
-তেন্তে ঠিক আছে।মই ক'ম, আপুনি ভালপোৱা নে পুতৌ নিজে বিচাৰ কৰিব।
-কোৱা।
-আপোনাৰ মনলৈ অহা প্ৰশ্নটো অস্বাভাৱিক নহয়, আপোনাৰ ঠাইত যদি মই থাকিলোহেঁতেন হয়তো একেটি প্ৰশ্নই মইও কৰিলোহেঁতেন। কিন্তু খোদা কছম, আপোনাৰ প্ৰতি আজিলৈকে মোৰ পুতৌ জগা নাই। আপুনি ইমান শিক্ষিত, ইমান সাহসী, আত্মনিৰ্ভৰশীল। মোৰ পুতৌৰ জানো প্ৰয়োজন? কিন্তু হিংসা অলপ আছে।
-হিংসা!কিহৰ? -চুমকী। -চুমকী?




পৃষ্ঠাঃ ৫৩


-ও, আপোনাৰ কম নছীৱ নে ইমান মৰমলগা ছোৱালী এজনী আছে। মোৰ বৰ ঈৰ্ষা হৈ দেই।জানেনে, বৰ ভালপাওঁ তাইক। তাই ভালপোৱা প্ৰতিটো বস্তু আনি তাইৰ জোলোঙাত ভৰাই দিম মই। তাইক মোৰ জান্নাৎ নকৈ ভুল হ'ব।
-আৰু মই?
-আপুনি... মই আল্লাৰ পোৱা খুবচৌৰত তৌফা। আপোনাৰ পৰা মই সাহস পাওঁ। কিন্তু আপুনি যে এই বগা সাজযোৰ পিন্ধে মোৰ ভাল নালাগে। এতিয়া নুসুধিব মোক বেয়া দেখি নেকি? ভালেই দেখি। কিন্তু আপুনিতো বেলেগ ৰঙৰ সাজো পিন্ধিব পাৰে।মই ইমান নাজানো বাৰু সমাজৰ ডাঙৰ কথাবোৰ, অশিক্ষিত মানুহ মই। কিবাকৈ এল.পি পাছ। তথাপিও কথাটো হজম কৰিব পৰা নাই। বাৰু আপুনি চুৰমা লগাইছিল আগতে, কিন্তু তেওঁ ঢুকোৱাৰ পৰা নলগায়। কিয়? কাৰণ মানুহে বেয়া বুলি ক'ব। আপোনাৰ স্বামীহে ঢুকাইছে, আপুনি নহয়। ৰং কৰিবলৈ তেওঁ জানো মৃত্যুৰ আগতে বাধা দি গৈছিল? নাজানো কিয় যে ইমান শিক্ষিত হৈ এনে কাম কৰে! খোদা কছম আপোনাৰ ঠাইত মই হ'লে কাকো কেৰেপ নকৰিলো হৈ বাপ্পেকে।
-সেইবোৰ এৰা, কোৱাচোন মোক বিয়া পাতি তুমি কি পাবা?
-এৰা মই ব্যৱসায় কৰা নাই। কিবা পাম-নাপাম মই হিচাপ কৰা নাই। তথাপিও আপোনাৰ প্ৰশ্ন অথলে যাব নিদিও।কি পাম, নহয়নে? আপোনাৰ শুভ্ৰ জীৱনটো ৰঙেৰে ভৰিব, চুমকীক পাম, বিপদে-আপদে আশ্ৰয় দিব, সাহসৰ ভেঁটি এটাও পাম, পৰিয়াল এটা পাম আৰুনো লাগে কি?
-Impressed! কিন্তু তোমাৰ ৰাজনৈতিক জীৱন?
-মই ৰাইজৰ হৈ কাম কৰো। তাৰ কাৰণে এই এম.এল.এ পদবী থাকক নাথাকক কোনো কথা নাই। ৰাইজৰ কাম কৰিবলৈ 'জৰিয়া'মোক নালাগে। মই জানো আপোনাক নিকাহ কৰিলে বহুতে মোৰ ৰাজনৈতিক জীৱনত সাম্প্ৰদায়িকতা আনিব। হয়তো মোৰ আসনে কাঢ়ি নিব। কিন্তু এই সকলো ত্যাগ কৰিও আপোনাক বিচাৰো মই। মোক এজন বন্ধুৰ দৰকাৰ, এজনী পত্নীৰ দৰকাৰ, এজনী কন্যাৰ দৰকাৰ। ইয়াতকৈ বেছি মানৱ জীৱন এটাত লাগে বুলি মই নাভাবো। বাৰু মোৰ ক'ব লগাখিনি ক'লো, সিদ্ধান্ত আপোনাৰ হাতত।
-উমম। ৰ'বা আৰু একাপ চাহ লৈ আহো।
-নাই নাই।কাম এটা আছে। পিছত খাম। যাও মই এতিয়া।
-যাবায়ে নে? থাকা অলপ।
-নাই নাই যাওঁ।bye bye
-bye
সি গ'ল। এৰা তাইৰ মনটো কিবা ভাল লাগিল। চুমকীৰ দেউতাকে অন্তিম জন্মদিনত দিয়া ৰঙা শাৰীখন উলিয়াই পিন্ধি ল'লে। চকুত লগালে কাজল। আইনাৰ সন্মুখত গৈ তাই নিজকে ক'লে 'এৰা জননেতাজনে ৰং ভাল পায়'।



পৃষ্ঠাঃ ৫৪


নীলা খামৰ চিঠিঃ


প্ৰতি

         মৰমৰ....!(কি বুলিনো সম্বোধন কৰোঁ)

           অতদিনে চাদৰৰ আঁচলত আটি আটি বান্ধি ৰখা মোৰ মৰমবোৰ সংগোপণে তোমাৰ বুকুৰ ভিতৰত সুমুৱাই ল'বা। পঠিয়াই দিয়া মৰমবোৰ আলফুলে ৰাখিবা বুলি আশা ৰাখিলোঁ। বহুদিনেই হ'ল তোমালৈ মোৰ মনৰ বতৰা নপঠিওৱা, সেয়ে আজি হাতত এখিলা মোৰ দৰেই উকা কাগজ আৰু তুমি মোৰ জন্মদিনত ডায়েৰীখনৰ লগত উপহাৰ দিয়া কলমটিকে হাতত লৈ পুৰণা কাঠৰ টেবুলখনৰ সন্মুখত বহি পৰিছোঁ। সৰুতে  দেউতাই সাজি দিয়া এই কাঠৰ টেবুলখনে(মই যে বিয়াত লগত লৈ আহিছিলো)সযোৰে প্ৰতিবাদ কৰি কেৰমেৰাই উঠে! যেনেদৰে মোৰ মৰমবোৰো তোমাৰ সঁহাৰি নোপোৱাৰে পৰা প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছেহি!কাঠৰ টেবুলখনৰ খুৰাবোৰ এতিয়া উৱলি যাবলৈ ধৰিছে, যেনেদৰে মোৰ আশাবোৰো এতিয়া ক্ষীণ হৈ আহিছে..!
          অলপ সময় ৰবা দেই, লাহে লাহে ধৰালৈ আন্ধাৰ নামি আহিছে, তুমি-মই আশাৰে সজা হেঁপাহৰ পঁজাটিত ঝাড়ু মাৰি লেম্পটো জ্বলাই লওঁ, লাইটৰ পোহৰতকৈ লেম্পৰ পোহৰত তোমালৈ নীলা খামৰ চিঠিখনি লিখিবলৈ মই আগ্ৰহী জানা..!
         এয়া ৰঙাকৈ জ্বলি থকা লেম্পৰ শলিতাডালত মোৰ আখৰবোৰ ফুটি উঠিছে, কিন্তু আখৰবোৰ যেন প্ৰাণহীন তোমাৰ মুখেৰে এই চিঠিখনি প্ৰস্ফুটিত নোহোৱালৈকে!মোৰ মুখখনো অকণমানহে উজ্বলি উঠিছে, কাৰণ মোক আৰু‌ এতিয়া কোনো পোহৰেৰে উজ্বলাই তুলিব নোৱাৰা হ'লা অ। তুমিচোন জানাই তোমাৰ মৰমতহে মই নতুনকৈ কলি মেলা গোলাপ পাহিটিৰ দৰে হৈ পৰিছিলোঁ.. এতিয়া যে মই মৰমৰ অৱহেলাত তেনেই নিষ্পেষিত অনুজ্বল মুখনি লৈ জীয়াই আছোঁ...!
      ৰবা.. বুকুখন গধুৰ হৈ পৰিছে কথাবোৰ লিখোঁতে..! ট্ৰাঙ্কটো মনত আছেনে তোমাৰ?? সেইটোকে খুলি তোমাৰ-মোৰ স্মৃতিৰ টোপোলাটি উলিয়াই আনো। সৌৱা পুৰণি ৰঙা ৰঙৰ ট্ৰাঙ্কটো এতিয়া ধূসৰ হৈ পৰিছে, ওপৰৰ ৰঙা ৰঙটো নাইকিয়া হ'ল,  কিন্তু ভিতৰত যে আমাৰ দুয়োৰে মৰমবোৰ তেনেকৈয়ে আছে তাত অকণো ঘূণে ধৰা নাই..!
       এয়া চোৱা এখন এখনকৈ উলিয়াই লৈছোঁ প্ৰেমৰ সুবাসেৰে সুবাসিত সাঁচতীয়া মৰমৰ তুমি-মই তাহানিতে লিখা নীলা খামৰ চিঠিবোৰ! এতিয়াও একেই আছে সকলোবোৰ তোমাৰ বাহীৰে..! প্ৰতিটো শব্দই এতিয়াও মোক প্ৰেমৰ মদিৰা পাণ কৰোৱায়, প্ৰতিটো শাৰীয়ে এতিয়াও মোৰ বুকুত জোৱাৰ আনে, আৰু প্ৰতিখন মৰম আঁকলুৱা চিঠিয়ে এতিয়াও স্বাক্ষৰ বহন কৰে আমাৰ এটি এটি পাৰ কৰি অহা মধুৰ ক্ষণৰ..! সেয়ে এইবোৰ মোৰ জীৱনৰ প্ৰতিটো প্ৰহৰৰ বাধ্য লগৰী,  কেতিয়াও মোৰ পৰা বিচ্ছিন্ন কৰা নাই। তুমি বিহীনতাত এইবোৰেই যে মোৰ জীয়াই থকাৰ লগৰী।
       আজিলৈ সামৰিছোঁ, মৰমবোৰ একেই থাকিব সদায়। মৰমবোৰ সাঁচি ৰাখিবা, আকৌ কেতিয়াবা লিখিবলৈ বহিম। কি লিখিম ভাবি যে নাপাওঁ এতিয়া, মোৰ চিঠিৰ আখৰবোৰ তুমি যে লিৰিকি-বিদিৰি ভাল পাইছিলা আৰু তোমাৰ আঙুলিৰ পৰশতহে যেন প্ৰাণ পাই উঠিছিল মোৰ চিঠিৰ প্ৰতিটো শব্দ, পিছে আজি পাঁচটা বছৰে হ'ল, তোমালৈ লিখা নীলা খামৰ চিঠিবোৰত তোমাৰ আঙুলিৰ পৰশ নপৰা, সেইবোৰ আন এটা ট্ৰাঙ্কত সযতনাই থৈছোঁ..! এতিয়া যে মই সঁচাকে নাজানো অ তোমাৰ ঠিকনা..! তৰাবুলীয়া আকাশত তুমি কোনটো তৰা হৈ মোক চাই থকা মইতো নাজানো! যিদিনা তোমাৰ ঠিকনাটি পাম সেইদিনা একেলগেই পঠিয়াই দিম তোমালৈ লিখা এজাপ নীলাখামৰ চিঠিবোৰ...!
    সৌৱা আকাশত তৰাবোৰৰ চিকমিকনি, এতিয়া খিৰিকী খন মেলি লৈ এই টেবুলখনতেই মাইনাক পঢ়ুৱাব লাগিব, তাই এতিয়া ডাঙৰ হৈছে বুজিছ, আজিকালি তোমাক বিচাৰি মোক দিগদাৰি নকৰে। সৰুৰে পৰা বুজন তাই, তাইয়ো এতিয়া তৰাভৰা আকাশখনলৈ চাই চাইয়ে নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিব, তাৰ আগেয়ে ভাতকেইটা বনাব লাগিব। থাকক দিয়া আজিলৈ। লিখিবলৈ বহিলে শেষেই নহয়! মোৰ মৰমবোৰ উপেক্ষিত নকৰিবা.. মই যে এতিয়া তেনেই নিঠৰুৱা তোমাৰ অবিহনে...!
ইতি
তোমাৰ নামৰ ৰঙা বেলিটো আঁকিব নোৱাৰা
তোমাৰ দুৰ্ভগীয়া সহধৰ্মিণী

মৌমিতা ৰয়
গোৱালপাৰা



পৃষ্ঠাঃ ৫৫

মতামত শিতানঃ

আমাৰ প্ৰশ্নঃ
কাকত বা আলোচনীত লেখা প্ৰকাশৰ হ্মেত্ৰত সম্পাদকজনে কেনেধৰণৰ  নীতি গ্ৰহণ কৰা  উচিত বুলি আপুনি ভাবে ?

আপোনাৰ উত্তৰঃ

(শ্ৰেষ্ঠ হিচাপে বিবেচিত মতামত)

কাকত আৰু আলোচনী হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ l ই চৰকাৰ আৰু জনসাধাৰণৰ মাজত প্ৰত্যহ্ম সংযোগ স্থাপন কৰে আৰু সমাজৰ প্ৰতিচ্ছবি জনমানসত দাঙি ধৰে l সম্পাদকজনৰ এই হ্মেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে l গতিকে সম্পাদকজনে নিজৰ ভূমিকাৰ গুৰুত্ব বুজি কাকত আৰু আলোচনীৰ সম্পাদনাৰ কাৰ্যত সজাগ আৰু সচেতন হোৱা উচিত l সমাজত ঘটি থকা সমস্যাসমূহৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছে l এই ঘটনাসমূহৰ গঠনাত্মক দিশটোৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাতো বাতৰি উপস্থাপন শৈলীৰ ওপৰত নিৰ্ভৰ কৰে l এই দিশটোৰ তদাৰক কৰাৰ হ্মেত্ৰত সম্পাদকজনৰ ভূমিকা অদ্বিতীয় l 
সম্পাদকজনে বাতৰি আৰু আলোচনী সম্পাদনাৰ হ্মেত্ৰত এনেধৰণৰ নীতি গ্ৰহণ কৰা উচিত :
 ১/কাকত বা আলোচনীত প্ৰকাশিত বাতৰি বা আলোচনীৰ প্ৰকাশৰ হ্মেত্ৰত সম্পাদকজনে ব্যাকৰণগত শুদ্ধতাৰ ওপৰত গুৰুত্ব দিব লাগে l 
২/বাতৰি কাকত বা আলোচনীৰ লেখনিসমূহ সময়োপযোগী হ'ব লাগে l লেখনি চমু তথা অৰ্থপূৰ্ণ হ'ব লাগে l 
৩/সঠিক স্থানত সঠিক শব্দ প্ৰয়োগৰ হ্মেত্ৰত গুৰুত্ব দিব লাগে l 
৪/লেখনিসমূহৰ লগত সংলগ্ন ফটোসমূহ বিষয়টোৰ লগত সংগতি থকা হ'ব লাগে l ফটোসমূহ অশালীন হোৱা অনুচিত l
৫/বাতৰি কাকত বা আলোচনীৰ পৃষ্ঠাসমূহ বিভিন্ন শিতানত বিভক্ত হ'ব লাগে যাতে ই আকৰ্ষণীয় হয় l যেনে - কেৰিয়াৰ শিতান,কুইজ শিতান, স্বাস্থ্য সম্পৰ্কীয় শিতান আদি l সামাজিক বা স্বাস্থ্যৰ হ্মেত্ৰত সজাগতা সৃষ্টি কৰা লেখনি ,ঐতিহ্য সম্পকীয় লেখনি, বিশেষভাৱে অগ্ৰাধিকাৰ দিব লাগে l 
৬/বিশেষকৈ আলোচনী প্ৰকাশৰ হ্মেত্ৰত প্ৰত্যেকটো সংখ্যা নিদিষ্ট বিষয়বস্তু  [থীম] লৈ প্ৰস্তুত কৰিব লাগে lবিষয়সমূহ সময় উপযোগী আৰু আকৰ্ষণীয় হ'ব লাগে l প্ৰকাশিত লেখনিৰ বিষয়বস্তুৰ লগত সংগতি থাকিব লাগে l যেনে-বিহু বিষয় লৈ প্ৰকাশিত আলোচনীৰ লেখনি আৰু ফটোসমূহ বিহু বিষয়ৰ হ'ব লাগে l লগতে আলোচনীৰ বেটুপাত বিষয়বস্তুৰ লগত মিলা আৰু অতি আকৰ্ষণীয় হ'ব লাগে
৭/আলোচনী বা বাতৰি কাকত যি ভাষাত প্ৰকাশ কৰা হয়, সেই ভাষাৰ শব্দ ব্যৱহাৰৰ হ্মেত্ৰত গুৰুত্ব দিব লাগে l যেনে - অসমীয়া ভাষাত প্ৰকাশিত বাতৰি বা আলোচনীত বেংগলী বা হিন্দী ভাষাৰ শব্দক অসমীয়া লিপিত লিখি প্ৰয়োগ কৰিব নালাগে l 
৮/তথ্যভিত্তিক লেখনিৰ হ্মেত্ৰত প্ৰকাশৰ পূৰ্বে সম্পাদকজনে তথ্যসমূহৰ শুদ্ধতা তথা শেহতীয়া তথ্য ব্যৱহৃত হৈছে নে নাই পৰীহ্মা কৰিব লাগে l 
৯/সম্প্ৰদায়িক মনোভাৱ উদ্ৰেক কৰিব পৰা তৰল লেখনি প্ৰকাশৰ পৰা বিৰত থাকিব লাগে l 
১০/শিশুৰ বাবে প্ৰকাশিত শিতানসমূহত শিশুৰ দ্বাৰা অংকিত ছবি, শিশুসকলে লিখা কবিতা আদি প্ৰকাশ কৰোতে তেওঁলোকৰ নাম ফটোসহ প্ৰকাশ কৰিব লাগে l ই শিতানটোৰ প্ৰতি শিশুসকলক আকৰ্ষিত কৰে l 
          এই বিষয়সমূহৰ ওপৰত প্ৰাধান্য দি সম্পাদকজনে বাতৰি বা আলোচনী প্ৰকাশ কৰিলে ইয়াৰ মানদণ্ড উন্নত হ'ব আৰু জনসাধাৰণে ইয়াক আদৰি ল'ব l

শ্ৰী সোনালী শইকীয়া
জিলা: যোৰহাট [টিয়ক] 
দূৰভাষ: ৬০২৬০৪১০৪৩
ডাকঘৰ: আমতল[৭৮৫৬৮২]

আগন্তুক সংখ্যাৰ বাবে মতামত  শিতানৰ প্ৰশ্ন

 শিশুৰ সৰ্বাঙ্গীন বিকাশত মইনা পাৰিজাতৰ প্ৰয়োজনীয়তা কিমান ?

উক্ত প্ৰশ্নটোৰ উত্তৰ চমুকৈ লিখি আমালৈ প্ৰেৰণ কৰক।

উল্লেখ্য যে মতামত শিতানৰ উত্তৰ দিওঁতা শ্ৰেষ্ঠজনক পুৰস্কৃত কৰা হ'ব।

মতামত প্ৰেৰণৰ বাবে প্ৰয়োজনীয় হোৱাটচএপ নম্বৰঃ 6000709096

Email: ankuran2014@gmail.com



পৃষ্ঠাঃ ৫৬


নিয়মীয়া শিতানঃ

জ্ঞানৰ সঁফুৰা

১) আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম পৌৰাণিক নাট কোনখন?

২) প্ৰথম ধেমেলীয়া নাট কোনখন?

৩)'সাধনী' নাটক কোনে ৰচনা কৰিছিল?

৪) 'বনহংসী' নাটকখন কোনে অনুবাদ কৰিছিল?

৫) 'Romeo and Juliet' নাটকৰ অসমীয়া ভাঙনিৰ নাম কি?

৬)মোপাছাঁৰ বিখ্যাত 'নেকলেছ' গল্পৰ আলমত লিখা নাটক কোনখন?

৭) 'ৰামনৱমী' নাটকখন কিমান চনত ৰচিত হয়?

৮)প্ৰথম অসমীয়া ঐতিহাসিক নাটক কোনখন?

৯)প্ৰথম ঐতিহাসিক নাট্যকাৰ কোন?

১০)জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটক কোনখন?

(উল্লেখিত প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি আমালৈ প্ৰেৰণ কৰক। শুদ্ধ উত্তৰ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। শুদ্ধ উত্তৰসমূহৰ লগতে আপোনাৰ নাম, ঠিকনা 91275 64124 নম্বৰলৈ হোৱাটচএপ যোগে প্ৰেৰণ কৰক। উত্তৰ প্ৰেৰণৰ অন্তিম তাৰিখ 28 আগষ্ট 2020)

(যোৱাসংখ্যাৰ জ্ঞানৰ সঁফুৰাৰ উত্তৰ সমূহ:- সীতাহৰণ আৰু ৰামবিজয়, ৰুদ্ৰৰাম বৰদলৈ, চন্দ্ৰধৰ বৰুৱা,
 দুৰ্গা প্ৰসাদ মজিন্দাৰ বৰুৱা ,ধেমেলীয়া নাটক, লক্ষ্মীনাথ বেজবৰুৱা, মিত্ৰদেৱ মহন্ত ,পূৰ্ণকান্ত শৰ্মা, ৰাম নৱমী, পাৰিজাত হৰণ।
উল্লেখযোগ্য যে যোৱা সংখ্যাত শুদ্ধ উত্তৰ কোনেও দিব নোৱৰাত বিজয়ী ঘোষণা কৰিব পৰা নগ'ল ৷


পৃষ্ঠাঃ ৫৭


নিয়মীয়া শিতানঃ

শব্দৰ যট্পট্

(তলত কেইটামান সঘনে ব্যৱহাৰ হৈ থকা শব্দৰ আখৰসমূহৰ স্থান সলনি কৰি দিয়া হৈছে। শব্দসমূহ শুদ্ধকৈ লিখি আমালৈ প্ৰেৰণ কৰক। আটাইকেইটা শব্দৰ শুদ্ধ ৰূপ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। 91275 64124 নম্বৰৰ হোৱাটচএপত উত্তৰসমূহ প্ৰেৰণ কৰক। জমা দিয়াৰ অন্তিম তাৰিখ 28 আগষ্ট 2020।)

১/ কৃৰ্ণতচূ
২/দিম্পাতস
৩/পাতজাৰি
৪/তীম্ৰাৱঅ
৫/লাসোকলুলা
৬/ৰণতাসীহ
৭/টুনিনিটা
৮/ঙোনাঠো
৯/ বজৱাবেৰু
১০/ নবঞ্জৰ্ণব্য
..................................................

যোৱা সংখ্যাৰ শুদ্ধ উত্তৰ সমূহঃ
খৰিকতীয়া, মাছোৱৈ, পানীপিয়া, কল্পতৰু ,নিৰঞ্জন, মায়াবিনী ,নাথুৰাম, অলকানন্দা ,হাচনাহানা, মায়াজাল।

শুদ্ধ উত্তৰ দিওঁতা মৃদুস্মিতা গগৈ, মৌচুম প্ৰিয়ম নাথ।
লটাৰী যোগে বিজয়ী প্ৰতিযোগী মৃদুস্মিতা গগৈ। অভিনন্দন মৃদুস্মিতা গগৈ। অঙ্গনৰ পৰিয়ালে আপোনালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।




পৃষ্ঠাঃ ৫৮

মডেল পৃষ্ঠাঃ

(মডেল পৃষ্ঠাৰ বাবে আপুনিও আমালৈ আপোনাৰ নাম, ঠিকনা লিখি ফটো প্ৰেৰণ কৰিব পাৰে। ফটোসমূহ 9678696861 নম্বৰত উপলব্ধ হোৱাটচএপলৈ প্ৰেৰণ কৰক। অহা সংখ্যাত প্ৰকাশৰ বাবে ফটো প্ৰেৰণৰ অন্তিম তাৰিখ 12 আগষ্ট 2020)


১। তুষ্টি কলিতা (শিশু মডেল)



পৃষ্ঠাঃ ৫৯

শেষ পৃষ্ঠাৰ কলমঃ

স্বাধীনতা দিৱস: ইতিহাস আৰু প্ৰাসংগিকতা

পৰিণীতা কলিতা
সহ সম্পাদক অঙ্গন 
ভ্ৰাম্যঃ 91275 64124

১৭ শতিকাৰ আৰম্ভণিৰে পৰা ভাৰতবৰ্ষত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল। শক্তিশালী সামৰিক বাহিনীৰ সহায়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্থানীয় ৰাজ্যসমূহক বশীভূত কৰি ১৮ শতিকাত নিজকে আটাইতকৈ শক্তিশালী গোট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত বলবৎ হোৱা Government of India Act 1858 এ ব্ৰিটিছৰ বাবে পোনপটিয়াকৈ ভাৰত শাসন কৰাৰ পথ সুগম কৰি দিয়ে। পৰৱৰ্তী কালত ভাৰতবৰ্ষৰ চুকে কোণে জনসাধাৰণৰ মাজত স্বাধীনতা লাভৰ আকাংক্ষা তীব্ৰতৰ হ'বলৈ ধৰিলে। ১৮৮৫ চনত প্ৰতিষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে এই আকাংক্ষাক এক প্ৰবল স্বাধীনতা আন্দোলনৰ ৰূপ দিয়াত আগভাগ লয় ৷

প্ৰথম বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাত ব্ৰিটিছে Montagu–Chelmsford Reforms কে ধৰি কিছু সংশোধনী আৰম্ভ কৰিছিল যদিও একে সময়তে ৰৱাল্ট আইন (Rowlatt Act) ৰ দৰে কঠোৰ আইনৰো বলবৎ কৰাত ভাৰতীয় জনসাধাৰণ প্ৰতিবাদী হৈ উঠে। ইয়াৰে ফলস্বৰূপে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি অসহযোগ আৰু অহিংস আন্দোলন গঢ় লৈ উঠে।

১৯৩০ চনৰ সময়ত ব্ৰিটিছৰ সংশোধনী আইন বলবৎ কৰাৰ পিছত নিৰ্বাচনসমূহত জাতীয় কংগ্ৰেছে সফলতা লাভ কৰিবলৈ সক্ষম হয়। কিন্তু পৰৱৰ্ত্তী দশকটোত কেইবাটাও ঘটনাই ভাৰতৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তোলে। ইয়াত অৰিহণা যোগোৱা প্ৰধান ঘটনাসমূহ হ'ল-দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ অংশগ্ৰহণ, অসহযোগ আন্দোলনৰ তীব্ৰতা বৃদ্ধি, ভাৰতীয় মুছলিম লীগৰ নেতৃত্বত মুছলিম জাতীয়তাবাদৰ উত্থান ইত্যাদি। ইয়াৰে সামূহিক প্ৰভাৱৰ ফলশ্ৰুতি হিচাপে ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰে আৰু একেসময়তে দেশ বিভাজনো হয়।


ভাৰতৰ তিনিটা জাতীয় বন্ধৰ দিনৰ এটা হ'ল স্বাধীনতা দিৱস। ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয় ৷ এই পবিত্ৰ অনুষ্ঠানটোৰ সন্মানত ২১ জাই তোপধ্বনি কৰা হয় । প্ৰধান মন্ত্ৰীৰ ভাষণত বিগত বৰ্ষৰ খতিয়ান দাঙি ধৰা হয়, প্ৰয়োজনীয় বিষয়বোৰ উত্থাপন কৰা হয় আৰু অধিক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হয়। তেখেতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় সঙ্গীত 'জন গণ মন' গোৱা হয়। ভাষণৰ পিছত ভাৰতীয় সামৰিক আৰু অসামৰিক বাহিনীৰ ডিভিজনসমূহে মাৰ্চ পাষ্ট কৰে। লগতে পেৰেড আৰু ভাৰতৰ স্বাধীনতা আন্দোলন আৰু বৈচিত্ৰময় সাংস্কৃতিক পৰম্পৰাৰ প্ৰদৰ্শন হয়। ৰাজ্যৰ ৰাজধানীবোৰতো একেধৰণৰ কাৰ্যসূচী পালন কৰা হয়, লগতে নিজ-নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে পতাকা উত্তোলন কৰে লগতে ৰাজ্যৰ বিভিন্ন স্থানত বিধায়ক আৰু ৰাজ্যপাল সকলে পতাকা উত্তোলন কৰে।

(সংগ্ৰহিত)





পৃষ্ঠাঃ ৬০


ঘোষণাঃ

লেখা আহ্বান


লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
28 আগষ্ট, 2020

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হাততো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।




পৃষ্ঠাঃ ৬১

বেটুপাত ৩ঃ

প্ৰকাশ পালে** প্ৰকাশ পালে** প্ৰকাশ পালে** প্ৰকাশ পালে**
২৯ বছৰীয়া শিক্ষকতা জীৱনৰ অভিজ্ঞতাৰে ৰচিত
বাচাৰাম দলেৰ প্ৰৱন্ধ সংকলন
শিক্ষকতাৰ আলেখ্য



প্ৰকাশকঃ
অংকুৰণ প্ৰকাশন, যোৰহাট
মূল্য ঃ
৪৫০ টকা।
আপোনাৰ কপীটোৰ বাবে আজিয়েই 8638310699 নম্বৰত যোগাযোগ কৰক।


পৃষ্ঠাঃ ৬২

বেটুপাত ৪ঃ