অঙ্গন (১৫ ছেপ্টেম্বৰ ২০২০)

 পৃষ্ঠা ১

বেটুপাতঃ ১





পৃষ্ঠাঃ ২

বেটুপাত ২ঃ

পষেকীয়া ই-আলোচনী অঙ্গনৰ
বেটুপাত আৰু বেটুপাতৰ শেষ পৃষ্ঠাৰ বাবে
ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰিবলৈ
অনুৰোধ জনোৱা হ'ল।


পৃষ্ঠাঃ ৩


এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
কৰ্মই ধৰ্ম-- পৃষ্ঠা ৫

২/ প্ৰৱন্ধ: পৃষ্ঠা ৬-১১
ক/সাধুকথা আৰু সাধুকথাৰ দিৱস (জিণ্টুমণি দাস)
খ/ সময়ৰ লগত খোজ মিলাওঁতে আমি নিজকে পাহৰি গৈছো নেকি ? (মানস প্ৰতীম মালী)
গ/পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত সন্তানৰ ভূমিকা(ধৰিত্ৰী দেৱী)
ঘ/ লিমাৰিক (গীতা শইকীয়া)
ঙ/বাৰ্তালাপৰ কৌশল আৰু ইয়াৰ প্ৰয়োজনীয়তা (জাহ্নৱী কাকতি)

৩/ ধাৰাবাহিক উপন্যাসঃঃ পৃষ্ঠা ১২-১৮
     ক। ধুমুহাই ভঙা সপোন
     দুৰ্গেশ্বৰ শইকীয়া
     খ। অনুতপ্ত
     বৃষ্টি বৰুৱা
    গ/ আজি মেঘৰ মাদল বাজিছে
    যোগল লোচন দাস

৪/ অণুগল্পঃঃ পৃষ্ঠা ১৯
ক/ বৈধব্য ( হেমা চৌধুৰী গগৈ)
খ/মনোবাঞ্চা (অনিন্দিতা খনিকৰ হাজৰিকা)
গ/ মৰম(কংকনা দেৱী)
ঘ/সুখ(সত্যজিৎ শইকীয়া)

৫/ এক মিনিটৰ গল্পঃ পৃষ্ঠা ২০-২৩
ক/মোহ (মনালিছা শইকীয়া)
খ/ নতুন যাত্ৰা (নিকি হালৈ)
গ/বৃদ্ধাশ্ৰম (হিৰণ ভূঞা)
ঘ/ টিউচন মাষ্টৰ (অজিত ৰাজবংশী)

৬/ অনুবাদ কবিতাঃ পৃষ্ঠা ২৪-২৫
ক/স্বৰ্গৰ পিছত (প্ৰাণকৃষ্ণ গোস্বামী)
মূলঃ After Paradise By Czaslaw Malosz
খ/ আশিষ নিবিচাৰোঁ (প্ৰাঞ্জল কুমাৰ লাহন)
মূলঃ হিন্দী (শিৱম সিং "সুমন"

৭/কবিতাঃঃ পৃষ্ঠা ২৬-৪৫
ক/কৰ্ণঃ এক বিষাদ গাথা (দীপ হেষ্টিংছ বৰি)
খ/ কবি লৈ(মঞ্জিত হাজৰিকা)
গ/নৈ নীলকণ্ঠী (দ্ৰোণালী তালুকদাৰ)
ঘ/সময়ে সনা জীৱনৰ ৰং  (ৰূপজ্যোতি হাজৰিকা দত্ত)
ঙ/ অৰণ্যৰ অভিনৱ সত্বা (অপূৰ্ব শৰ্মা বশিষ্ঠ)
চ/ আশাত ওমলে উশাহ( বৰষা মহন্ত)
ছ/ আৰম্ভণি যাত্ৰা (প্ৰাঞ্জনা ডেকা)
জ/বিজয়ৰ গান (ময়ুৰিকা বৰা)
ঝ/ সময় (বন্দনা বনশ্ৰী মহন্ত)
ঞ/মই আছো (কথা কবিতা) (শ্যামলিমা কাকতি )
ট/ সুখৰ চৰাই (গায়ত্ৰী দেৱী বৰঠাকুৰ)
ঠ/ আজাৰ (বানীতা লস্কৰ)
ড/ আশাৰ এটা পলসুৱা কবিতাৰ সন্ধানত (নিহাল গগৈ)
ঢ/ জয়মতী (কৰিস্মা তালুকদাৰ)
ণ/অপেক্ষা (বন্দিতা তালুকদাৰ)
ত/ৰামধেনু (পৰিস্মিতা নাথ)
থ/ইতিহাসে কথা কয় (প্ৰিয়ংকা বৰা)
দ/ এটা প্ৰেমৰ দিনৰ বাবে ( অমৃত শইকীয়া)
ধ/কথাবোৰ (ত্ৰিদিৱ জ্যোতি নেওগ)
ন/ কাঞ্চনমতী (দীপালী শইকীয়া গগৈ)

৮/ অৱলোকনঃঃ পৃষ্ঠা ৪৬
সুধা কণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ বৰ্ণাঢ্য জীৱনত এভূমুকি ( বীনা বৰুৱা)

৯/ নিৱন্ধঃঃ পৃষ্ঠা ৪৮
যোগ কিয় আৰু কেনেকৈ কৰিব লাগে ? ( ভাৰ্গৱ কলিতা)

১০/ অনুভৱঃঃ পৃষ্ঠা ৪৯-৫১
ক/ অনুভৱৰ পৃষ্ঠাত বন্ধুত্বঃ এক বিশ্লেষণ (ৰীপা দোলাকাষৰীয়া)
খ/ জীৱন (চয়নিকা বৰুৱা)

১২/ ভ্ৰমণ কাহিনীঃঃ পৃষ্ঠা ৫২
মোৰ ভ্ৰমণ ডায়েৰী-৩ দাৰ্জিলিং (শৰ্মীষ্ঠা বৰ্মন)

১৩/ শিশু সাহিত্যঃঃ পৃষ্ঠা ৫৪
শিশুৰ শিক্ষণ আৰু শিকন (ৰাজশ্ৰী বৰা)

১৪/ গল্পঃঃ পৃষ্ঠা ৫৫-৫৮
ক/ লকডাউনৰ বিয়া (গীতিকা চহৰীয়া)
খ/ আল্পনা (ৰিয়া হাজৰিকা)
গ/ চিঠি (আদৃতা শিৱম)
ঘ/ পিছল ভূত (ধ্ৰুৱজ্যোতি ভট্টচাৰ্য)

১৫/ ৰেচিপিঃ পৃষ্ঠা ৫৯
ব্ৰেড-বাইট্চ (কৃষ্ণাক্ষী শেনছোৱা)

১৬/ নীলা খামৰ চিঠিঃঃ পৃষ্ঠা ৬০
(বিষাদ ৰঞ্জন বৰবৰা)

১৭/ মতামতঃঃ পৃষ্ঠা ৬১
ক/চন্দ্ৰলেখা বৰুৱা
খ/সোণালী শইকীয়া

১৮/ নিয়মীয়া শিতান
ক/ জ্ঞানৰ সঁফুৰা ঃঃ পৃষ্ঠা ৬২
খ/ শব্দৰ যট্পট্ ঃঃ পৃষ্ঠা ৬৩

১৯/ ম'ডেল পৃষ্ঠাঃঃ পৃষ্ঠা ৬৪

২০/ শেষ পৃষ্ঠাৰ লেখাঃঃ পৃষ্ঠা ৬৫
ৰাসলীলাঃ এক চমু বিবৰণ
(পৰিণীতা কলিতা)

২১। ঘোষণাঃঃ  পৃষ্ঠা ৬৬



পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ মফিদা বেগম, যোৰহাট
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
নিৰ্মালী মহন্ত, গোপাল কৃষ্ণ বাঢ়ৈ, দেৱজ্যোতি নাথ, দিপশিখা হাজৰিকা বৰুৱা, ৰিতু ভঁৰালী, প্ৰস্তুতি শৰ্মা, স্বপ্নমজ্যোতি কলিতা, অৰ্চনা শইকীয়া, পাৰ্থজ্যোতি, ডিম্পী ডেকা, জেউতি পাঠক, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, স্নিগ্ধা সুবাসী ডেকা, হিৰণ্য ডেকা, নিৰঞ্জন শৰ্মা।



পৃষ্ঠাঃ ৫


সম্পাদকীয়ঃ

কৰ্মই ধৰ্ম

     পৃথিৱীৰ সৰ্বোত্তম ধৰ্ম হৈছে কৰ্ম।কৰ্ম কৰা আৰু জীৱনটোক গতি দিয়াই ধৰ্মৰ মূল লক্ষ্য। আমি মনুষ্য এইবাবেই শ্ৰেষ্ঠ যে আমি কৰ্ম কৰি নিজৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ সক্ষম। প্ৰতিটো ধৰ্মতে কৰ্মক প্ৰাধান্য দিছে। কামৰ জৰিয়তেই আমি প্ৰাণহীন জীৱনটোকো সাৰ্থকতা প্ৰদান কৰিব পাৰো। কিন্তু আমি মনত ৰাখিব লাগিব যে এই কৰ্মৰ উদ্দেশ্য সৎ হোৱাটো অতিকৈ প্ৰয়োজন। মনত অসৎ অভিপ্ৰায় লোৱা কৰ্মই আমাৰ জীৱনক নষ্ট কৰে,,আমাৰ আত্মাৰ  প্ৰশান্তি নাইকিয়া কৰে।

   এটা খালী মগজ চয়তানৰ বাহ বুলি কোৱা হয়। এইবাবেই কোৱা হয় যে যেতিয়া মানুহ কৰ্মহীন হয়, তেতিয়া মানুহে অলাগতীয়াল চিন্তা কৰিয়ে সময় কটায়। কাম এটা কৰিলে মগজৰ শক্তি তথা দেহৰ শক্তিৰ ব্যৱহাৰ হয়।,নহলে শক্তিখিনিৰ অপচয় হয়। এই যে অপচয় ঘটে ইয়াতে আমাৰ মানসিক অৱস্থা অসুস্থ হয়। এষাৰ কথা আছে, কৰ্ম মানুহৰ শান্তিৰ নিজৰা, কৰ্মহীন মানুহৰ মন কলুষিতৰে ভৰা।

    কেতিয়াবা দেখা যায় কৰ্মময় জীৱনতো অশান্তিয়ে বাহ সাজে। এজন ব্যক্তিৰ জীৱনত ব্যস্ততাই কেতিয়াবা আমনি দিয়ে। অৰ্থাৎ কেতিয়াবা কাম কৰি থকাৰ পাছতো মনটোত প্ৰশান্তি নাহে। এনে কিয় হয়?? বৰ্তমান যুগত প্ৰতিজন ব্যক্তি য়ে ব্যস্ত অথচ বহুতৰে আকৌ কৰ্ম কৰি মানসিক ক্ষুধা দূৰ নহয়।তেনে ব্যক্তি ভিতৰি বৰ অসুস্থ হয়। বহু সময়ত আমাৰ সকলোৰে কৰ্ম কৰি কৰি আমনিয়ো লাগে। আমি যেন ভাগৰি পৰো। আমি একঘেমীয়া কৰ্মৰ পৰা অব্যাহতি পালেই সুখী হ'ম তেনে ভাবো মনলৈ আহে।

    বহু সময়ত কৰ্মৰ ফলেও আমাক অশান্ত কৰে। আমি প্ৰায়ে কৰ্মৰ ফল কি পাব লাগিব, কি পালে ভাল হ'ব সেয়া আগতীয়াকৈ নিৰ্ধাৰিত কৰি থৈ দিওঁ আৰু সময়ত যদি সেয়া হৈ নুঠে আমি হৈ পৰো টিঙিৰ তুলা। আমাৰ মনত ৰঙা একুৰা জুই জ্বলি এফালৰ পৰা সব দহন কৰে। আমি কিন্তু জানো যে ভাগৱত গীতাত কৃষ্ণই অৰ্জুনক কৈছিল যে নিঃস্বাৰ্থ হৈ কাম কৰা। ফলটোৰ আশা নকৰি নিজৰ কৰণীয়খিনি কৰি যোৱা। আমি এইবোৰ বাস্তৱত পাহৰি থাকো আৰু কৰ্মৰ মতে সুফল নোপোৱাৰ বিৰহত ছটফটাই থাকো। প্ৰকৃততে এই কৰ্মৰ ফল নোপোৱাত জীৱনটো শেষ হৈ নাযায়।

   কৰ্ম কৰিব লাগে জীৱনটোক জীয়াই ৰাখিবলৈ।সময়ক ব্যৱহাৰ কৰিবলৈ আমি কৰ্ম কৰিব লাগে। সময় গিলি পেলোৱা কৰ্ম ই, আমাৰ জীৱনটোক গ্ৰাস কৰাৰ সুবিধা দিয়াটো আমাৰ নিশ্চয় ভুল। জীৱনটো বৰ ছুটি। কামৰ হিচাপ লৈ লৈ যদি এই ক্ষন্তেকীয়া জীৱনটোক আমনিদায়ক কৰি তোলো আমি জীয়াই থাকিবলৈ অহৰিয়ে নাপাম। কেৱল কাম কাম কৰি ধন উপাৰ্জন কৰি থাকোতেই জীৱনে বিদায় ল'বৰ হয়গৈ। মনুষ্যৰ জীৱনত ধন লাগে জীৱনটোক জীয়াবৰ বাবে। জীৱনটো ধনৰ বাবে নহয়। আমি কৰ্মক আমাৰ সুখ হোৱাকৈ সজাব লাগে। কেৱল কাম কাম কৰি থকাজনৰ হৃদয় আৰু মন চিনিবলৈ সময়ে নহয়। আমি  আমাৰ কামবোৰক আমাৰ সুখৰ কাৰক হিচাপে গ্ৰহণ কৰিব পৰা হ'ব লাগে।

  কৃষ্ণই কোৱাৰ দৰে কামবোৰ কৰি যাব লাগে। আমি পৃথিৱীলৈ আহিছো নিদিৰ্ষ্ট সময়ৰ বাবে। এই সময়খিনিত যি কৰ্ম আমাৰ আগত থিয় হ'ব তাতেই আমি নিজক নিয়োগ কৰাটোৱেই জীৱনৰ ধৰ্ম। কিন্তু এই কৰ্মই আমি বিচৰা খিনি নিদিলে বুলি দুখ কৰি নিজৰ জীৱনটোক নিৰস কৰাটো আমাৰ ডাঙৰ ভুল।বহু সময়ত এই জীৱনত আশা কৰা, ভবা আৰু পাবলৈ ইচ্ছা কৰাখিনি আধৰুৱা হৈ যায়। সেই আধৰুৱা খিনিৰ বাবে নিজকে দুখত ডুবাই জীৱনৰ ৰস পাণ কৰিব নজনাটো আমাৰ ভুল।

   আমি দিনটোৰ বাবে কি কাম কৰিম তাৰ পৰিকল্পনা কৰাটো ভাল অভ্যাস। কিন্তু সেই কামখিনি হৈ নুঠাত নিজকে মানসিক কষ্ট দিয়াতো ভুল। কেতিয়াবা পৰিকল্পনাবোৰ পৰিৱেশ আৰু সময়ে ভাঙি পেলায়। তেনে পৰিস্থিতিত নিজকে বুজাই নতুন উদ্যমেৰে কাম কৰিব পৰাকৈ সক্ষম হোৱা মানৱেই প্ৰকৃততে সবল মনৰ গৰাকী ।

  আহক ,আমি কামবোৰক সুখৰ মাধ্যম কৰো। কাম কৰি জীৱনত সুখৰ আবিৰ সানো। সুখী হ'বলৈ কাম কৰো, সুখক গিলিব পৰাকৈ কামবোৰক সুবিধা নিদিওঁ।

হেমেন নাথ
সম্পাদক
(9678696861)
অঙ্গন, পষেকীয়া ই-আলোচনী




পৃষ্ঠাঃ ৬

প্ৰৱন্ধঃ

সাধুকথা আৰু সাধুকথা দিৱস

জিণ্টুমণি দাস
ভ্ৰাম্যভাষঃ ৯১০১৫৮১৫৯০

       সাধুকথা অসমীয়া সাহিত্যৰ এটা অন্যতম অংগ। সাধাৰণতে সাধুকথাবোৰ এক অলিখিত ৰূপৰ লোক-কথা। কিন্তু এইবোৰত এটা সজ নীতি কথাৰ লগতে এটা মনে সজা কাহিনী থাকে আৰু সেইকাৰণেই হয়তো এনেবোৰ লোক-কথাক অসমীয়াত সাধুকথা বোলা হয়। অৱশ্যে সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, সাধু কওঁতাই নিজৰ অভিৰুচি আৰু সামৰ্থ অনুসাৰে তাক বৰ্ণাই যায়। আজিৰ সময় তথা অতীতৰ পৰাই সাধুকথাৰ জৰিয়তে বিশেষকৈ শিশু সকলক বিভিন্ন প্ৰয়োজনীয় জ্ঞান দিবলৈও চেষ্টা কৰা হৈ আহিছে আৰু যি বহু পৰিমানে কৃতকাৰ্যও হৈছে। ইতিহাস তথা ৰজা-মহাৰজাৰ কাহিনী শুনোৱাৰ লগতে আধ্যাত্মিক জ্ঞানৰ জৰিয়তে নীতি কথা শিশুক জনাবলৈ সাধুকথা উৎকৃষ্ট মাধ্যম । সাধু পঢ়ি শিশুৰ আজৰি সময় অতিবাহিত হোৱাৰ লগতে শিশুৱে বিভিন্ন জ্ঞান অৰ্জন কৰে। সেয়েহে শিশুক সাধু কোৱাৰ লগতে সাধুৰ কিতাপ পঢ়িবলে দিয়াটো অতি প্ৰয়োজনীয় কথা। বৰ্তমান সময়ত নীতি-শিক্ষা মূলক পুথিত সাধুকথাৰ মাজেৰে লাগতীয়াল শিক্ষা দিবলৈ যত্ন কৰা দেখা গৈছে। এনেদৰে সময় আগবাঢ়িলে লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ দৰে নমস্য ব্যক্তি সকলৰ সৃষ্টিক সন্মান জনোৱা হ'ব লগতে শিশুৰ বিকাশ সাধন হ'ব।
           লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ মৃত্যু তিথি ২৬ মাৰ্চ দিনটো অসমত "সাধুকথাৰ দিন" হিচাপে পালন কৰা হয়। কিন্তু উল্লেখযোগ্য যে বিশ্বৰ অন্যান্য বহুতো দেশত ২০ মাৰ্চৰ দিনটোহে "বিশ্ব সাধুকথা দিৱস" হিচাপে বহু বছৰ ধৰি পালন কৰি আহিছে। প্ৰতি বছৰে নিৰ্দিষ্ট বিষয় লৈ সাধুকথাৰ দিনটো উলহ- মালহেৰে পালন কৰা কথা শুনা যায়। যি কি নহওক অসমতো ২০১২ চনৰ পৰাই "মৌচাক" আলোচনীৰ আহ্বানত ২৬ মাৰ্চৰ দিনটো "সাধুকথাৰ দিন" হিচাপে পালন কৰা দেখি আহিছো। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ মৃত্যু তিথিটোত অসমৰ বিভিন্ন প্ৰান্তত "সাধুকথাৰ দিন" উদযাপন কৰি শিশুসকলৰ মাজত সাধুকথাৰ ওপৰত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। এনেদৰে অসমৰ প্ৰত্যেকখন গাঁওত যদি "সাধুকথাৰ দিন" পালন কৰা হয় তেন্তে সাধুকথা চিৰকাললৈ জীয়াই থাকিব বুলি কব পৰা যায়।

পৃষ্ঠাঃ ৭
প্ৰৱন্ধঃ
সময়ৰ লগত খোজ মিলাওঁতে আমি নিজকে পাহৰি গৈছো নেকি ? 

মানস প্ৰতীম মালী  
বৰিহাট 
ফোন নং :- 6000839518

সময় , সঁচাকৈ সময়ে আমাক বহু কথাই শিকালে । সময়ে মানুহবোৰৰ মনলে নতুন নতুন চিন্তাৰ খোৰাক আনিলে। আগতে সৰু ল'ৰা-ছোৱালীয়ে আজৰি সময়ত বিভিন্ন ধৰণৰ খেলা - ধূলা কৰিছিল , বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিল , স্মাৰ্টফোন মানে কি জানাই নাছিল । কিন্তু আজিকালি  অতি সৰু সৰু  ল'ৰা - ছোৱালীয়ে স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ শিকিলে আৰু আজৰি সময়ত  স্মাৰ্টফোনটেই ভিডিও চাই , গেম খেলি সময় অতিবাহিত কৰিছে । আগতে গাৱঁৰ-চহৰৰ প্ৰায় মানুহে সদায় বাতৰিকাকত পঢ়িছিল , কিন্তু আজিকালি বহু কম মানুহে বাতৰিকাকত পঢ়ে , কাৰণ হ'ল টিভিৰ লগতে ই-পেপাৰৰ সমাহাৰ । আগতে বাতৰিকাকতত পঢ়া খবৰবোৰ আজিকালি টিভিত চাবলৈ পাই তথা বাতৰিখনো ম'বাইলতে পাই আৰু প্ৰায় মানুহৰ ঘৰত টিভি থাকৰ লগতে প্ৰায় সকলোৰে হাতত স্মাৰ্টফোন থাকে । সেয়ে মানুহে বাতৰিকাকত পঢ়া কমাই দিলে আৰু বাতৰিকাকতৰ প্ৰচলন লাহে লাহে কমি আহিব ধৰিছে । আগতে গৰমৰ দিনত মানুহে গছৰ তলত জিৰণি লৈছিল আজিৰ দৰেই একে গৰমেই মানুহে সহিব পাৰিছিল , কিন্তু আজি আমি অলপো সময় গৰমত থাকিব নোৱাৰো । কাৰণ আমাৰ গৰমত  থকাৰ অভ্যাস নাই ।  সময় , সময়ে মানুহবোৰক সলায় পেলালে ।
আমি কেতিয়াবা ভাবিছিলোঁ নে যে আমি এদিন মোবাইলতে পঢ়িব পাৰিম , মই মোৰ অতি মৰমৰ স্কুল (ক'ৰলা জাতীয় বিদ্যালয় বৰিহাট ) ত পঢ়ি থাকোতে  অনলাইন শিক্ষাৰ বিষয়ে এটা
পাঠ ( lesson ) পঢ়িছিলোঁ । কিন্তু এতিয়া গোটেই অসমত অনলাইন শিক্ষা চলি আছে , ভাবিলেই কিবা আচৰিত লাগে  ,  আমি স্কুল , কলেজত গৈ যিমান আনন্দ পাইছিলো সেই আনন্দ আকৌ এদিন ঘূৰি আহিব । আমি আকৌ সেই মৰমৰ স্কুলখনলৈ যাব পাৰিম । সময় সলনি হব , এদিন ভাল সময়েই আকৌ আমাক মৰমৰ স্কুল , কলেজখনলৈ ঘূৰাই আনিব ।  কেতিয়াবা ভাবো আমি সময়ৰ লগত খোজ মিলাই যাওঁতে নিজকে পাহৰি যোৱা নাইটো ? সময় যিমানেই সলনি নহওঁক কিয় , কিন্তু আমি কেতিয়াও সলনি হ'ব নালাগে । আমি যিমানেই আগুৱাই নাযাওঁ, সময় যিমানেই সলনি নহওঁক কিয় , আমি কিন্তু আমাৰ অতীত , আমাৰ মূল গুৰিটোক কেতিয়াও পাহৰিব নালাগে ॥




পৃষ্ঠাঃ ৮
প্ৰৱন্ধঃ
পৰিৱেশ ৰক্ষাত সন্তানৰ ভূমিকা 

ধৰিত্ৰী দেৱী

                   সুন্দৰ পৃথিৱীখন আমাৰ খুবেই আপোন। সেয়ে পৃথিৱীখন ধুনীয়া কৰি ৰাখিবলৈ আমি সদায় যত্নপৰ হ'ব লাগে। প্ৰকৃতি প্ৰদত্ত প্ৰতিটো বস্তুৰে সৎ ব্যৱহাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে । কিয়নো প্ৰকৃতি থাকিলেহে মানুহ জীয়াই থাকিব। সেয়ে আমাৰ লগতে আমাৰ সন্তান সকলক শিশু অৱস্থাৰে পৰা কিছুমান সৰু সৰু কথা বুজায় প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত সামান্য অৱদান আগবঢ়াব পাৰো।ঘৰখনেই সন্তানৰ সকলো প্ৰকাৰৰ শিক্ষাৰ ঘাই কঠীয়াতলী। ঘৰখনত সৰুৰে পৰাই সন্তানে যি শিক্ষাই লাভ কৰিব পৰৱৰ্তী সময়ত শিশুৱে সেই শিক্ষাৰ প্ৰভাৱেই প্ৰয়োগ কৰিব। সন্তান পৰিচালনাৰ কৌশল আৰু মাৰ্গ দৰ্শন সঠিক ভাৱে দিয়াটো খুবেই দৰকাৰী। সন্তানক নিজৰ ঘৰখনৰ লগতে আমাৰ ধুনীয়া পৃথিৱীখন ভাল পাবলৈ শিকাব লাগে। পৃথিৱীখন সুন্দৰ কৰি ৰাখিবলৈ প্ৰকৃতি ৰক্ষা কৰিব লাগিব সেইটো বুজাব লাগে। কিয়নো আজিৰ শিশু কাইলৈ আমাৰ ভৱিষ্যত।প্ৰকৃতিৰ লগত তেওঁলোকৰ আত্মীয়তা গঢ়ি তুলিব লাগে। বৰ্তমান যান্ত্ৰিকতা পূৰ্ণ জীৱনত বেছিভাগ সন্তানে  ইলেক্ট্ৰনিক মাধ্যম টিভি ,মবাইল, কম্পিউটাৰ গেম আদিৰ মাজতেই ডুবি থাকে। তাকে নকৰি অভিভাৱক সকলে বহু ব্যস্ততাৰ মাজতো সুৰুঙা উলিয়াই সন্তানক প্ৰকৃতিৰ সৈতে অন্তৰংগতা গঢ়ি তোলা উচিত। মুকলি ঠাইলৈ ফুৰাবলৈ নিয়ক। সময় সুবিধা পালে সন্তানক লৈ জুৰি ,নিজৰা ,নদী ,সাগৰ , পৰ্বত আদি দেখোৱাবলৈ লৈ  যাওক। সেইবোৰৰ লগত সিহঁতক চিনাকি কৰাই দিয়ক।পূৱাৰ সুৰুয, ৰাতিৰ আকাশ দেখোৱাওক। তাৰ লগত জড়িত পৌৰাণিক সাধু কওক। সঘনে নিজৰ চৌপাশে দেখা প্ৰতিটো জীৱ জন্তুৰ সৈতে চিনাকি কৰাই দিয়ক।জীৱ জন্তুক  মৰম কৰিবলৈ শিকাৱক। ৰাহি হোৱা আহাৰ পশু-পখীক খাবলৈ দিয়ক। সম্ভৱ হলে অভয়াৰণ্য চাবলৈ নিয়ক। নিজৰ ঘৰখনৰ চৌহদ চাফ চিকুণ কৈ ৰাখিবলৈ শিকাৱক। এনোবোৰ কৰিলে যান্ত্ৰিকতাৰ মাজত ডুবি থাকি যি নিসংগতা অনুভৱ কৰিব সেয়া নিশ্চয় নোহোৱা হ'ব আৰু তেওঁলোকক বুজায় দিব যে মানুহ জীয়াই থাকিব তেতিয়াহে যেতিয়া আমি প্ৰকৃতিক জীয়াই ৰাখিম।তেওঁলোকৰ মনত প্ৰকৃতি প্ৰেম জাগ্ৰত কৰিবলৈ সদায় চেষ্টা কৰিব লাগে।
      আমাৰ সন্তান বা শিশু সকলক কিছুমান সৰু সৰু কথা শিকাই পৰিবেশ ৰক্ষাৰ বিষয়ে কব পাৰি।
১/ প্ৰত্যেক মাহতে এজোপা গছ ৰোপন কৰিবলৈ encourage  কৰাব। নিজৰ লগতে সহপাঠীবোৰকো ইয়াৰ সৈতে জড়িত কৰাই দিব।লগতে গছ জোপাৰ যত্ন লোৱা , ফুল -পাত নিছিঙা আদিবোৰ শিকাব।
২/ জীৱিত বস্তু নামাৰিবলৈ বুজায় দিব। আঘাত প্ৰাপ্ত পখিলা ,চৰাই -চিৰিকতি আদিক মৰমেৰে শুশ্ৰূষা কৰিবলৈ দিব।
৩/ পানী অতি মূল্যৱান সম্পদ। ব্যৱহাৰৰ পাছত পানীৰ টেপ বন্ধ কৰি থব লাগে। পানী প্ৰদূষিত বা অপচয় কৰিব নালাগে।চাইকেল বা জীৱ জন্তুক গা ধোৱাওঁতে পানীৰ পাইপৰ সলনি বাচন ব্যৱহাৰ কৰিব।বাথটাবৰ সলনি শ্বাৱাৰ ব্যৱহাৰ কৰিব। বেচিনৰ টেপৰ পৰিৱৰ্তে গিলাচত পানী লৈ দাত ব্ৰাছ কৰাব।
৪/ প্ৰত্যেক বাৰতে নিজৰ গাড়ী লোৱাতকৈ খোজকাঢ়ি  যোৱাৰ অভ্যাস কৰাব। প্ৰেট্ৰল বচাবলৈ চেষ্টা কৰাব। ই স্বাস্থ্যৰ বাবেও ভাল আৰু পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবও পাৰিব।
৫/ বিজুলী বচাবলৈ শিকাওক। যেতিয়া ব্যৱহাৰ কৰা নাযায়  তেতিয়া টিভি ,ফেন, লাইট নজ্বলাব।
ৰুম এৰি থৈ যোৱাৰ সময়ত লাইটৰ চুইটচ অফ কৰিবলৈ শিকাব।
৬/ পেলনীয়া বস্তুৰে জৈৱিক সাৰ বনাব শিকাওক।
৭/কাগজ অপচয় নকৰাব।দুয়োটা পৃষ্ঠাকে ব্যৱহাৰ কৰিবলৈ শিকাওক।
৮/কাপোৰ , পুতলা, কিতাপ, গেম আদি দান কৰক recycle  কৰিবৰ বাবে।
                মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি আমাৰ সন্তানক আন আন শিক্ষাৰ লগতে প্ৰকৃতি ৰক্ষাৰ শিক্ষাও দিয়া উচিত। পৃথিৱীখন জীয়াই ৰাখি সৰ্বাংগসুন্দৰ কৰি তোলাৰ  দায়িত্ব অমাৰ ভৱিষ্যত প্ৰজন্মৰ হাতত। সেয়ে এজন সন্তানক সমৃদ্ধিশালী ব্যক্তিত্বৰ অধিকাৰী কৰি গঢ়ি তুলিবলৈ আপুনি যৎপৰোণাস্তি চেষ্টা কৰক যাতে নিজৰ ঘৰখনৰ লগতে সমাজ খনৰো এজন ৰক্ষক হয়, সু-নাগৰিক হয়।নিজৰ আদৰ্শ নীতিৰে আনকো প্ৰভাৱান্বিত কৰি এখন সেউজীয়া পৃথিৱী গঢ়ি তোলক। প্ৰকৃতিৰ ওপৰত কৰা সকলো অত্যাচাৰ নিৰ্মূল কৰিবলৈ সক্ষম হওক ।



পৃষ্ঠাঃ ৯

প্ৰৱন্ধঃ
বাৰ্তা-লাপৰ কৌশল আৰু ইয়াৰ প্ৰয়োজনীয়তা

জাহ্নৱী কাকতি
কামৰূপ (অসম)
যোগাযোগ ৯৩৬৫১৬৫২৫২

সুন্দৰকৈ কথা ক'ব পৰাটো এক কলা। কোৱা হয় "কথাতে কটা যায়,কথাতে বঁটা পায়"।সমাজ এখনত ওলাই গ'লে বা দুই-চাৰিজনৰ মাজত থিয় দিলে সকলোৱে বিচাৰে আন মানুহে আমাক গুৰুত্ব দিয়ক।আমি কিবা এটা ক'লে সকলোৱে মন দি শুনক। কিন্তু সেয়া সকলোৰে ক্ষেত্ৰত সম্ভৱ হৈ নুঠে। কিন্তু কিয় ? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি হাবাথুৰি খোৱা যায়। নিজকে যেতিয়া আনৰ ওচৰত গুৰুত্বহীন অনুভৱ হয় বা সামাজিক স্থানত আনৰ অৱহেলাৰ পাত্ৰ হোৱা যায় তেতিয়া বহু মানুহেই চৰম হতাশা আৰু নিৰাশাত ভোগে।যাৰ ফলত কিছুসংখ্যক মানুহে লাজ, সংকোচত ভুগি মানুহৰ ভিৰৰ পৰা আঁতৰি অকলশৰে থাকিবলৈ লয় আৰু লাহে লাহে নিসংগতাত ভোগে। এই নিসংগতাই কেতিয়াবা মানসিক ব্যাধিৰ ৰূপ লয়। বৰ্তমান সময়ত নিসংগতাত ভোগা মানসিক ৰোগীৰ সংখ্যা প্ৰবল হাৰত বৃদ্ধি পাই আহিছে। এনে অৱস্থাত মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যাৰ পথো বাচি লয় কিছুসংখ্যকে। সমস্যা যিকোনো হ'ব পাৰে।মানুহ যিহেতু সামাজিক প্ৰাণী, সংগ সকলোৱে বিচাৰে।
আনহাতে দেখা যায় কিছুমান মানুহ য'তেই যায় আশে-পাশে থকা মানুহবোৰে তেওঁক আগুৰি ধৰে। তেওঁলোকৰ কথাত মানুহে ৰস পায়। য'তে যায় তেওঁলোক মানুহৰ প্ৰিয় হয়। ইয়াৰ মূলকাৰণ হ'ল তেওঁলোকৰ "কথা কোৱাৰ কৌশল"। "আকৰ্ষণ" বৰ গুৰুত্বপূৰ্ণ বিষয়। আকৰ্ষণীয় হোৱাৰ বাবে ধুনীয়া হোৱাৰ প্ৰয়োজন নাই। মানুহ অতি ধুনীয়া হ'লেও আকৰ্ষণ নাথাকিব পাৰে। আৰু কিছুমান মানুহ দেখাত ধুনীয়া নহ'লেও কিন্তু বেলেগ এটা আকৰ্ষণ শক্তি থাকে। নিজক আনৰ দৃষ্টিত আকৰ্ষণীয় কৰি গঢ়ি তুলিবলৈ হ'লে প্ৰথমে মনৰ পৰা ধুনীয়া হোৱাৰ খুবেই প্ৰয়োজন। নিজৰ আচাৰ-ব্যৱহাৰ, স্বভাবসুলভ সৰলতা আৰু বাকপটুতাৰে মানুহক নিজৰফালে টানিব পাৰি।ব্যৱসায়-বাণিজ্য, সামাজিক ক্ষেত্ৰ, অথবা ঘৰুৱা সম্পৰ্কবোৰো কথা কোৱাৰ কৌশলৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱান্বিত হয়।উদাহৰণ স্বৰূপে-কিছুমান মানুহক দেখিব কাপোৰ আদি কিনিব লগা হ'লে বা ঘৰুৱা সামগ্ৰী আদি কিনিবলৈ হ'লে তেওঁলোকে নিৰ্দিষ্টকৈ এখন দোকানলৈ যায়। তেওঁলোকক যদি সোধা যায় কাৰণটো ক'ব যে সেই দোকানীজনৰ কথা-বাৰ্তা আৰু ব্যৱহাৰ তেওঁলোকৰ ভাল লাগে।সেয়াই 'কথাৰ আকৰ্ষণ'।
যেতিয়া মানুহে ক'ত কেনেকৈ কথা ক'ব লাগে, ক'ত মুখেৰে মাতিব লাগে, ক'ত চুপ থাকিব লাগে এই কথাখিনি শিকি লয় তেওঁলোক সকলো ক্ষেত্ৰতে সফল হয়।

বৰ্তমান যুগত প্ৰায়সংখ্যক মানুহেই মানসিক অৱসাদগ্ৰস্ততাৰ সন্মুখীন হোৱা দেখা যায়। এনে অৱস্থাত কাৰোবাৰ বিশ্বাস আৰু ভৰসাৰে ভৰা সান্নিধ্যৰ লগতে হাউলি নপৰাকৈ পোনাই থাকিবলৈ দিয়া সাহসৰ নিতান্তই প্ৰয়োজন।কোনোবাৰ প্ৰেৰণাভৰা সঁহাৰিয়ে কাৰোবাক নতুন জীৱন দিব পাৰে। সম্পৰ্কবোৰ সুমধুৰ কৰি ৰাখিবলৈ হ'লে পৰস্পৰৰ মাজত মৰম-চেনেহৰ লগতে বিশ্বাস আৰু সন্মানৰ অতিকৈ প্ৰয়োজন। ইজনৰ প্ৰতি সিজনৰ মনত বিশ্বাস আৰু সন্মান থাকিলে যিকোনো সম্পৰ্ক ভাঙি যোৱাৰ অৱকাশ নাথাকে। দ্বিতীয় কথা সম্পৰ্কবোৰ ভালে ৰাখিবলৈ হ'লে কেতিয়াও কাৰো আত্মসন্মানত আঘাত দিয়া উচিত নহয়। কোনো স্থিতিতে মানুহক ইতিকিংসূচক কথা কেতিয়াও ক'ব নালাগে। কাৰণ কাঁইটতকৈ কথাৰ চোক বেছি। সকলো পাহৰি গ'লেও কথাৰ শেলে বিন্ধা আঘাত মানুহৰ মনৰ পৰা নুশুকায় কেতিয়াও। যাৰ বাবে সম্পৰ্কবোৰত দুৰত্ব বাঢ়ি যায়।



পৃষ্ঠাঃ ১০

          আটাইতকৈ প্ৰয়োজনীয় বিষয় হ'ল "আত্মবিশ্লেষণ"। নিজৰ ভুল-শুদ্ধ নিজেই বিচাৰ কৰি চাবলৈ আত্মবিশ্লেষণৰ খুবেই প্ৰয়োজন। প্ৰায় মানুহকে দেখা যায় যে সমুখৰজনে কি কৈ আছে শুনিবলৈ ধৈৰ্য নাই।তেওঁৰ কথাখিনি শেষ নৌহওঁতেই উত্তৰ দিয়াতহে লাগি যায়। কিছুমানকতো এনেকুৱা দেখা যায় যেন তৰ্ক প্ৰতিযোগিতাতহে নামিছে।সমুখৰজনে কি কৈ আছে, কিয় ক'লে কথাখিনি, তাক অনুধাৱন কৰাৰ বিপৰীতে জধেমধে উত্তৰ দিয়াতহে তৎপৰ হৈ উঠে। আৰু তাতেই সকলো আউল লাগি যায়।অতিমাত্ৰা সংবেদনশীল আৰু আবেগিক মানুহৰ ক্ষেত্ৰত এই সমস্যাটো বেছি হয়। কাৰণ তেওঁলোকৰ প্ৰতিক্ৰিয়া অতি সোনকালে হয়। ইয়াৰ পৰাই আৰম্ভ হয় ভুল বুজাবুজিৰ।এই ভুলবুজাবুজি এনে এটা বিষাক্ত কীট এবাৰ যদি ই মনত সোমাই যায় লাহে লাহে প্ৰতিডাল তাৰেই কুটি পেলায় আৰু এনেদৰেই সুন্দৰ সম্পৰ্ক এটাৰ অৱসান ঘটে। তেতিয়াই মানুহক হতাশা, নিৰাশাই আগুৰি ধৰে। এজন ব্যক্তি শাৰীৰিকভাৱে সুস্বাস্থ্যবান হৈ থাকিবলৈ হ'লে প্ৰথমে মানসিকভাৱে স্বাস্থ্যবান হোৱাটো প্ৰয়োজন। মন সবল হৈ থাকিলে সমস্যা যিয়ে নহওঁক যিকোনো পৰিস্থিতিৰে সন্মুখীন হ'ব পৰা ক্ষমতা আহি যায়। মানসিক দৃঢ়তাক ধৰি ৰাখিবলৈ আমাৰ সান্নিধ্যলৈ অহা লোকসকলৰ মানসিক সমৰ্থনৰ খুবেই প্ৰয়োজন।

           কাৰোলগত মনোমালিন্য নোহোৱাকৈ সম্পৰ্কবোৰ ধৰি ৰাখিব পাৰিলে জীৱন শান্তিপূৰ্ণ হয়।দ্বিতীয় ব্যক্তি এজনে কথা কোৱাৰ সময়ত তেওঁৰ কথাখিনি ধৈৰ্যসহকাৰে সম্পূৰ্ণ শুনি ল'ব লাগে। তাৰ পাছত তেওঁ কথাখিনিৰে কি বুজাব খুজিছে অনুধাৱন কৰিহে উত্তৰ দিয়া উচিত।।কোৱা কথাখিনিত গুৰুত্ব নিদি কথাৰ মাজতে জধেমধে উত্তৰ দিব চালে মানুহ বিপদত পৰে।সকলো ক্ষেত্ৰতে নিজক শুদ্ধ আৰু আনক ভুল বুলি ভৱাটো উচিত নহয়। ইয়াৰ বাবে মানুহ অনুভূতিশীল হোৱাটো খুবেই প্ৰয়োজন। অনুভূতি নাথাকিলে কথাবোৰ অনুভৱ কৰিব নোৱাৰে। অনুভৱ কৰিব নোৱাৰিলে নিজৰ ভুলবোৰ শুধৰাব নোৱাৰে ফলত একেটা ভুলকে বাৰে বাৰে কৰি থাকে। যাৰ ফলস্বৰূপে নিজৰ লগতে তেওঁৰ লগত জৰিত আন আন লোকসকলৰো মনৰ শান্তি হেৰাই যায়।

            "শব্দ" ত প্ৰচণ্ড শক্তি থাকে। শব্দৰ যাদুৰে যিদৰে মানুহৰ হৃদয় জিনিব পাৰি ঠিক তেনেদৰে শব্দৰ ভুল প্ৰয়োগে মানুহৰ ধ্বংসও মাতি আনে। শব্দৰ কৌশল প্ৰয়োগ কৰিবলৈ টকা পইচা বা পঢ়া-শুনা হোৱাৰ প্ৰয়োজন নাই। মৃতকো জগাই তুলিব পাৰে শব্দই।
তাৰবাবে মানুহৰ "আত্মবিশ্বাস" থকাটো খুবেই প্ৰয়োজন। যিমানে আত্মবিশ্বাস থাকিব সিমানেই শব্দবোৰৰ শক্তি আৰু প্ৰভাব বাঢ়িব। যদি আপোনাৰ কথাত কোনেও মন দিয়া নাই তেনে কথা ক'ব বন্ধ কৰাই ভাল।কথা কমকৈ কওক কিন্তু আনৰ কামত অহা কথা কওক। আপুনি কোৱা কথাৰ পৰা আনে কিমান লাভাবান্বিত হয় সেই দিশত মন দিয়া উচিত। নিজৰ কথা কৈ নাথাকি আনৰো কথাবোৰ শুনক। আনৰ লগত কথা পাতোতে যেতিয়া নিজৰ বিষয়ে বেছি কৈ থাকিব আপোনাৰ প্ৰতি গুৰুত্বটো কমি যাব। ব্যক্তিত্ব যদি আকৰ্ষণীয় কৰিব খোজে সমুখৰজনে কোৱা কথাখিনিত বেছিকৈ গুৰুত্ব দিয়ক।"কথা কোৱাৰ জ্ঞান আটাইতকৈ ডাঙৰ জ্ঞান"।

কোৱা হয় " First impression is the last impression".
প্ৰথম দেখা সাক্ষাতত কিছুমান মানুহে মন-মগজুত যিটো ছবি আঁকি লয় সেয়া শেষলৈ ৰৈ যায়। যাক কোনো পৰিস্থিতিতে মচিবলৈ টান হৈ পৰে। সেয়ে প্ৰথম কথোপকথনত মানুহৰ মনত যিটো প্ৰভাৱ পৰে সেয়া বৰ গুৰুত্বপূৰ্ণ।

            কিছুমান মানুহক দেখা যায় যে কোনোবাই তেওঁৰ লগত মনোযোগেৰে কথা পাতি আছে কিন্তু তেওঁৰ দৃষ্টি নিবদ্ধ হৈ আছে মোবাইল ফোনত, লেপটপত নতুবা টেলিভিছনৰ পৰ্দাত। তেতিয়া সেই মানুহজনৰ লগত কথা পাতি ভাল লাগিবনে ? নিশ্চয় নালাগে আকৌ আন কিছুমান মানুহক দেখা যায় যে তেওঁলোকে সৰু কথা এটাও পকাই ঘূৰাই দীঘলীয়া কৰি কওঁতে কওঁতে মূল বিষয়ৰ পৰা ফালৰি কাটি আন দিশলৈ গুচি যায়। এবাৰ কথা কওঁ বুলি মুখ মেলিলে যেন বন্ধই নহ'ব। এনেধৰণৰ লোকসকলে আনৰ আগত "ব'ৰিং" আখ্যা পায়।

        কোনোবাই যদি আগ্ৰহৰে মনৰ কথা কৈ আছে সেই সময়খিনিত আন বিষয়বোৰ আঁতৰাই থৈ তেওঁ কোৱা কথাখিনি মনোযোগ সহকাৰে শুনা উচিত। তেওঁৰ কথাখিনি গুৰুত্ব সহকাৰে শুনা মানে আপোনাৰ প্ৰতি তেওঁৰ গুৰুত্ব বাঢ়িব। কথা যিমান পাৰি সংক্ষিপ্তকৈ কোৱাৰ অভ্যাস কৰিব লাগে। কথাত, কথা কোৱাৰ সুৰত, চকুত যেতিয়া বিশ্বাস প্ৰতিফলিত হয় শুনোতা সহজে আকৰ্ষিত হয়। সকাৰাত্মক অনুভৱ সদায় ৰাখিব লাগে মনত। লগতে কাৰোবাৰ লগত কথা পতাৰ সময়ত কথাবোৰ সদায় স্পষ্টভাৱে আৰু মধ্যমস্বৰত কোৱাটো বাঞ্চনীয়। চকুত চকু থৈ, মুখত হাঁহি এটা বিৰিঙিয়াই কথা ক'লে কাৰ বাৰু ভাল নালাগে ?



পৃষ্ঠাঃ ১১
প্ৰৱন্ধঃ

লিমাৰিক

গীতা শইকীয়া
জামুগুৰিহাট

তথাপিও  প্ৰকৃত লিমাৰিকৰ সোৱাদ পোৱা যায় আধুনিক লিমাৰিকৰ আখ্যা পোৱা এডোৱাৰ্ড লিয়েৰৰ ১৮৪৬ চনত প্ৰকাশ পোৱা  Book of nonsense নামৰ সংকলনখনিতহে ৷ এই পুথিখনে সেইসময়ৰ ইউৰোপীয়ান সাহিত্যত যথেষ্ট খলকনিৰ সৃষ্টি কৰিছিল ৷

লিমাৰিকৰ ৰূপ আৰু বৈশিষ্ট্য ঃ
              লিমাৰিকবোৰ পাঁচটা শাৰীৰ একো একোটা স্বয়ংসম্পূৰ্ণ স্তৱক ৷ প্ৰথম দুটা শাৰীৰ  দৈৰ্ঘ্য আৰু পদ আৰু  পঞ্চম শাৰীৰ দৈৰ্ঘ্য আৰু পদৰ সৈতে ত্ৰিমাত্ৰিক ছন্দত বন্ধা হয় ৷ আনহাতে তৃতীয় আৰু চতুৰ্থ শাৰী দুটা অন্য শাৰী কেইটাৰ তুলনাত ছুটি তথা দ্বিমাত্ৰিক ছন্দসম্বলিত ৷ অৰ্থাৎ  লিমাৰিকৰ গাঁথনিটো  সাধাৰণভাৱে এনেকুৱা.,
ক, ক, খ, খ, ক ৷ উদাহৰণস্বৰূপে শিশু সাহিত্যিক তপন বৰুৱাৰ এই কবিতটোকে লোৱা হওক...
মন মাৰি বহি আছে সৌৱা সৰুকণ
সমুখত মেলি আছে কিতাপ এখন
চকুপানী সৰো সৰো
দেহী ঐ ক’তে মৰো
পঢ়িবলৈ ক’লে তাৰ ফাটে হিয়াখন

আকৌ
জুলুকি বাওঁতে হ’ল পানীবোৰ ঘোলা
ক’ত আছ’ ডৰিকণা ততালিকে ওলা
নহ’লে সিচিম পানী
লাহনী বিচাৰি আনি
তেতিয়াহে বুজি পাবি কেনেলোক ভোলা

এডোৱাৰ্ড লিয়েৰৰ পাছত বা লিয়েৰৰ সমসাময়িক কবিসকলৰ হাতত লিমাৰিকে যথেষ্ট পৰিবৰ্তন পায় ৷ উল্লেখনীয় পৰিবৰ্তন হ’ল পঞ্চম চৰণত প্ৰথম চৰণৰ পুণৰাবৃত্তিৰ সাং হোৱাটো ৷
এই সময়ছোৱাত ৰূপ তথা স্বৰূপলৈ পৰিবৰ্তন অহা লিমাৰিকবোৰ পূৰ্বৰ তুলনাত আৰু অধিক আকৰ্ষণীয় হয় ৷ যোৱা ডেৰশ বছৰে বহু কবিৰ হাতত বহু লিমাৰিকৰ জন্ম হৈছে , দেশে দেশে সমাদৃত হৈছে এই লিমাৰিক সমূহ ৷ এনেকি বহু দেশৰ দেশীয়ভাৱ  দেশীয় ভাষাত ৰচিত  হৈ এতিয়া ই নিৰ্বিবাদে বিশ্বৰ যিকোনো ভাষাৰ সাহিত্য  কাননত বিচৰণ কৰিব পাৰিছে ৷ আমাৰ ভাৰতীয় ভাষাতো লিমাৰিকৰ আমদানি ঘটিছে।  ব্যংগাত্মক শৈলীৰে আওপকীয়াকৈ ক’বলৈ বিচৰা লিমাৰিকবোৰত বহুতো লেখকে সমাজৰ দোষ ত্ৰুটিবোৰ আঙুলিয়াই দৃষ্টি আকৰ্ষণ কৰে ৷ আমাৰ অসমৰ ড° মহেন্দ্ৰ বৰাকে ধৰি  বহুকেইজন কবিয়ে লিমাৰিকধৰ্মী কবিতা লিখি প্ৰতিষ্ঠিত হোৱাৰ উপৰিও সমাজ শুধৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ তেনে এজন কবিৰ এটা লিমাৰিক এনেধৰণৰ...
অসম চৰকাৰে  পকী কৰিব সৱ ৰাস্তা
বান ৰুধিবলৈ দিয়ে মাটিৰ সৈতে বস্তা
প্ৰতি ৰাস্তাত পৰিছে শিল
নিৰপৰাধীৰ পিঠিত ঔকিল
নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ দাম হ’ব সস্তা

অসমৰ প্ৰশাসনৰ কাম নাই বুলিবই পাৰি
চিপাহীয়ে কমদামতে কিনে লাক্সাৰী গাড়ী
মন্ত্ৰীৰ চাইৰেণ শুনিলে তাৰাতাৰি
পাৰ হৈ গ’লে থাকে চাধা মাৰি
আপটুডেট দেখুৱাই বিয়া কৰাই বিউটিফুল নাৰী ৷

এনেধৰণে লিমাৰিকবোৰ যুক্তি নিৰ্ভৰ কোনো কথাৰ ওপৰত প্ৰতিষ্ঠিত নহয় ৷ এই লিমাৰিকবোৰ ৰচনা কৰিবৰ সময়ত  কবিয়ে কোনো বাধা নিষেধৰ সন্মুখীন নহয় যদিও কিছুমান ধৰাবন্ধা নিয়মৰ মাজত আৱদ্ধ থাকিবলগীয়া হয় ৷ অৱশ্যে এই নিয়মৰ কেতিয়াবা হেৰফৰো নোহোৱা নহয় ৷ কিছুমান লিমাৰিকত  বিষয়বস্তু একো নাথাকিলেও ৰচনা আৰু আলংকৰিকতে ভাস্বৰ হৈ উঠে ৷
শেষত লেখিকাৰ ৰচিত এটি লিমাৰিকৰে আজিৰ বিষয়টোৰ সামৰণি মাৰিম

বাৰিষাৰ বৰষুণ দেখিছানে ৰুণজুন
বানৰ কথা ভাবিলেই ভাগি যায় বুকুখন
ঘৰে মানুহে উটি যায়
কাৰো খবৰ কোনেও নাপায়
চোৱাসৱে চাই থিকে বানাক্ৰান্তৰ ৰং ৷

আনৰ দোষ খুচৰি ফুৰা নেকি মাজনী
তাৰ পৰা উপকাৰ পাইছানো কাহানি
আপোন ভালে জগত ভাল
সুখত থাকে সৰ্বকাল
যদি নাই কাম বন মাৰি থাকা ওকণি ৷

চাকৰি কৰিলি মাষ্টৰ বিচাৰি
বিনা বেতনৰে পাৰ হ’ল জীৱনৰ দুকুৰি
প্ৰতিশ্ৰুতিৰ দৌল সাজি
ডাঙৰীয়া সৱ আছে বহি
নিৰ্বাচনৰ বতৰতহে ভাষণত হয় স্কুল চৰকাৰী ৷
 



পৃষ্ঠাঃ ১২

ধাৰাবাহিক উপন্যাসঃ

ধুমুহাই ভঙা সপোন


দুৰ্গেশ্বৰ শইকীয়া
মাজুলী

(যোৱা সংখ্যাৰ পৰা)

(চাৰি)

স্বপ্নাই বি,এই পাছ কৰিলে । গাওঁ খনৰ বাবে অতি গৌৰৱৰ কথা । কাৰণ অঞ্চলটোৰ ভিতৰত স্বপ্নায়েই প্ৰথম মহিলা স্নাতক হৈছে । বিভিন্ন জনৰ উপস্থিতিয়ে গাঁওবুঢ়াৰ ঘৰখন উৎসৱ মুখৰ কৰি তুলিছে । নানা জনৰ শুভেচ্ছা আৰু আশীৰ্বাদে তাইৰ মনলৈ আনি দিছে এক নতুন প্ৰেৰণা । তাৰ মাজতো স্বপ্নাই লক্ষ্য কৰিলে  তাইৰ এই ফলাফলৰ বাবে আটাইতকৈ আগ্ৰহী আৰু আটাইতকৈ বেছি উৎসাহ দিওঁতা মোহনৰ ছাঁটোও এই কেইদিন দেখিবলৈকে নাই । স্বপ্নাৰ মনৰ কোনোবা খিনিত যেন মাজে মাজে বিষাদ এসোপা মানে হেঁচা মাৰি ধৰেহি । অভিমানবোৰ উঠলি উঠে । "কি যে মানুহ মোহন ককাইদেউটো । এই সুখৰ সময়তো সকলোৰে লগতে আপোনজন হিচাপে শুভেচ্ছা এটা যাচিবলৈও আহিব নোৱাৰেনে ? স্বপ্নাই ভাৱিলে .......... ।
           দুদিন মানৰ পাছত গাঁৱৰ যুৱক সংঘৰ উদ্যোগত সভা এখনৰ আয়োজন কৰা হৈছে । সেই সভাত অঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হ'ব । যুৱক সংঘটোৰ সম্পাদক হিচাপে মোহনেই কামবোৰৰ আগভাগ লৈছে বুলি স্বপ্নাই গম পালে । সম্বৰ্ধনাৰ বাবে তাইকো মতা হৈছে । অভিমানবোৰ তাইৰো বাঢ়ি যায় । নেমাতো মোহন ককাইদেউটোক । ইমানবোৰ কৰি ফুৰিবলৈ সময় পাই মোকহে মাত এষাৰ দি যাবলৈ সময় নোলায় ।" ভাৱি ভাৱি তাইৰ মনটো বিদ্ৰোহী হৈ উঠিব খুজিলে । এবাৰ মনতে ভাৱিলে তাই নাযাবই নেকি সম্বৰ্ধনা সভালৈ । নগলে ৰাইজৰ মৰমক অসন্মান কৰা হ'ব । মানুহৰ মৰম স্নেহ , আদৰ সম্ভাষণ , দিহা পৰামৰ্শ , বিজ্ঞ জনৰ উপদেশ , আশীৰ্বাদ এইবোৰেইটো মানুহৰ জীৱনৰ জয়যাত্ৰাৰ সোপান ।
          নিৰ্দিষ্ট দিনটোত গাঁৱৰ পুথিভঁৰাল আৰু যুৱক সংঘৰ কাৰ্য্যালয়ৰ প্ৰাঙ্গনত অঞ্চলৰ ডাঙৰ ৰাজহুৱা সভাখন অনুষ্ঠিত হ'ল । যোগেন , জীপেন , বৰ্ণালী , মৌচুমীহঁতৰ দলটোৱে আৰম্ভণি সংগীতেৰে সভাৰ কাম আৰম্ভ কৰিলে । সম্পাদক মোহনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনাৰ কাৰ্য্যসূচী আৰম্ভ হ'ল । প্ৰত্যেককে একোখনকৈ মানপত্ৰ , কিতাপ আদিৰে ৰাজহুৱা সম্বৰ্ধনা জনোৱা হ'ল । বিজ্ঞসকলে তেওঁলোকক নানান পৰামৰ্শ , আশীৰ্বাদ দিয়াৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰিলে । গীত মাত বক্তৃতাৰে সৰব হৈ পৰা সভাখনে ছাত্ৰ ছাত্ৰীসকলক নতুন প্ৰেৰণাৰে উৎসাহিত কৰিলে । যথা সময়ত সভাৰ কাম সমাপ্ত হ'ল । আৱেগ গধুৰ মন এটা লৈ স্বপ্নাও ঘৰমুৱা হ'ল । 
          ...................
     ‌অলপ দূৰ গৈয়ে স্বপ্নাই অনুভৱ কৰিলে কোনোবা এটা যেন চাইকেলত উঠি তাইৰ পাছতে আহি আছে । পাছলৈ ঘূৰি চাই দেখে মোহন । অভিমানত নেদেখাৰ ভাৱত স্বপ্নাই চকু ঘূৰালে ।  মোহন আহি আহি হঠাতে তাইৰ নিচেই ওচৰতে চাইকেলৰ পৰা নামি দিলে , সিও খোজ কাঢ়িয়েই আগবাঢ়িল । ‌স্বপ্নাই তাৰ ওপৰতযে অভিমান কৰিছে সি বুজিলে । ‌হঠাতে সি ৰৈ দিয়াৰ লগে লগে তাইয়ো ৰৈ গ'ল ।  চকুৱে চাই প্ৰকাশ কৰিলে অভিমানৰ ভাষা । চকুৰ ভাষাবোৰে যেন আৱেগৰ ঢল বোৱাই দিয়াৰ লগে লগে কোৱা হৈ গ'ল অনেক নোকোৱা ভাষা । জাগি উঠিল এক অবুজ শিহৰণ ।
          নিৰৱতা ভাঙি মোহনেই প্ৰথমতে কৈ উঠিল "মই বুজিছো স্বপ্না তোৰ পৰীক্ষাৰ ভাল খবৰ পায়ো এবাৰো তোৰ খবৰ নোলোৱাত মোৰ ওপৰত তোৰ খং উঠিছে । কিন্তু জান স্বপ্না তোৰ কৃতকাৰ্যতাত মোতকৈ বোধকৰোঁ কোনো বেছি সুখী হোৱা নাই ।" তাইয়ো যেন আক্ষেপ কৰিছিল তালৈকে । ফেপেৰী পতাৰ দৰে তাই কৈ উঠিল , "তই সুখী হৈছ মিছা কথা । সুখী হোৱা হ'লে অন্তত এবাৰ ....... । তই মোৰ পৰা আতঁৰি যাবলৈ সুযোগ বিচাৰিছ ?" আবেগৰ বশৱৰ্তী হৈ তাই কৈ উঠিল ।  তাইৰ মুখলৈ চাই সান্তনাৰ সুৰেত মোহনে কৈ উঠিল  "তই যদি তেনেকৈ কৱ মই বৰ দুখ পাম স্বপ্না । তদুপৰি কিয় জানো মোৰ শুভেচ্ছা কবলগা তোক অকলেহে ক'ব পাৰিম । সেয়ে ভাৱিলো সম্বৰ্ধনা সভাখন হৈ যোৱাৰ পিছত তোক অকলে লগধৰি সকলো কম ।"
        "হ'ব হ'ব দে লেৰেলা সাদৰ দেখুৱাব নেলাগে । কোনেও আমাক অকলে লগ পাই একো কথা ক'ব নেলাগে ।"  তাই  কৈ পেলালে ।
         "নহয় নহয় স্বপ্না তই তেনেকৈ নকবি । মোৰ কথাখিনি যদি শুনাৰ প্ৰয়োজন বোধ নকৰ ....... ।" ৰৈ দিলে । আকৌ অভিমান ভৰা কণ্ঠেৰে কৈ গ'ল "থাকক দে , নালাগে , তই বেয়া পোৱাটোনো কিয় কৰিব লাগে আচলতে মোৰেই ভুল । মই ..... ।" বচ্ সিমানেই যথেষ্ট আছিল । মূহুৰ্ততে তাৰ আবেগ ভৰা ভাষাৰ কথাষাৰত তাইৰ সমগ্ৰ অভিমানবোৰ এজাক শীতল বতাহৰ দৰে কেনিবা উৰি গুচি গ'ল ।


পৃষ্ঠাঃ ১৩

        "মোহন ককাইদেউ , আপোন জনক সুখৰ ক্ষণতে হওক বা দুখৰ ক্ষণতে হওক কাষত নেদেখিলে মনটোৱে বুজনি মানিব নোখোজে । চিঞৰি চিঞৰি কান্দি দিবলৈ মন যায় ।" স্বপ্নাৰ অভিমানবোৰ আতৰি তাৰ ঠাইলৈ আব্দাৰবোৰ যেন চাপি আহিল । আকৌ ক'লে তাই কোমল মাতেৰে "মোক যে অকলে লগ পোৱাৰ কথা কৈছ ? কিয় তোৰনো কি ক'বলৈ আছে ?"
            "নহয় অ' স্বপ্না । এইয়া গাঁৱৰ বাট , ঘৰলৈনো আৰু কিমানকণ ? এনেকৈ নোৱাৰি ।" সি ক'লে 
             "আৰুনো কেতিয়া ক'ত" সুধিলে তাই ? পৰহিলৈ শুকান সুঁতিৰ দলঙলৈ যাবি আবেলি । দেউৰী গাঁৱৰ ৰঙীলিক লগ কৰিবলৈ যাও বুলি যাবি । যাবি ?"
       "যাম ।"
         সিহঁত ইতিমধ্যে  স্বপ্নাহঁতৰ ঘৰৰ প্ৰায় ওচৰ পাইছিলহি । বেলিও প্ৰায় লহিয়াবলৈ আৰম্ভ কৰিছিল তেতিয়া ।
             ...............
      আবেলিৰ সময় । শুকান সুঁতিৰ দলঙ । দলংখনৰ এমূৰে পাৰৰ বননি ডৰাত বহি   মোহনে চাই আছে বিস্তীৰ্ণ নীলাভ আকাশলৈ । এনেতে মোহনৰ পিছতে আহি স্বপ্না ৰলহি । মোহনৰ খবৰ নাই যেন এক গভীৰ ধ্যানত মগ্ন । হঠাতে সেই তন্ময়তা ভাঙি দিবলৈ মন নগ'ল স্বপ্নাৰ । এইবাৰ তাই গুণগুণালে --
 "এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়
 ‌মোৰো বন হংসই বাট হেৰুৱাই।
 মই আছো শাৰদীয় খিড়িকী মুখত।
বুকুৱে বিচৰা জনলৈ বাট  চাই।"
         ভূপেন দাৰ সেই মন উতলোৱা ৰোমান্টিক গীতৰ কলি। ‌‌হঠাৎ টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে সচকিত হৈ পৰিল মোহন। ম্লান হাঁহি এটাৰে কৈ উঠিল,"অ' স্বপ্না, আহিলি এৰা অ সঁচাই   বনহংসৰ লগত মনহংইও যেন বাট হেৰুৱাৰ উপ। হৈছে হবলা বহা ।" তাই   সংকোচ ভাৱ‌ এটাৰে চাৰিওফালে চাই পঠিয়ালে। নাই কোনো নাই। তাই বহি পৰিল তাৰ নিচেই কাষতে বনহংসই বাট হেৰুৱাৰ কথাটোকে মনলৈ নো আহিব লগা হ'ল  বা কিয় আমাৰ কবি গৰাকী?"। নহয় অ'। আচলতে মই তোক বিশেষ কথা এটা কবলৈ আছে অ' তোৰ সাফল ৰ বাবে  ময়ে যে আটাইতকৈ সুখী তাৰ প্ৰমাণ দিবলৈ  তহঁতৰ ঘৰলৈ নগ'লো। আচলতে সচাক প্ৰমাণৰ আৱশ্যক নাই। মোৰ সুখ খিনি অকলশৰীয়া কৈ মোৰ হৈ থাকক, কিন্তু এটা কথা স্বপ্না সেই সুখৰ অনুভূতি বোৰ মোৰ জীৱন ত সদায় থাকি যাব যদিহে তই লাহে লাহে মোৰ কথা ভাবিবলৈ কমাই আন আৰু এসময়ত  মোক গাঁৱৰে এটা অন্য ল'ৰা ৰ দৰে ভাবিবলৈ পাৰ। সেই কথাটো তোক খোলাটো যে বৰ দৰকাৰী বুলি অনুভৱ কৰিছো স্বপ্না। তই কথা বোৰ ভাবি চা"।                         কোবখোৱা সাপৰ দৰে ফোচ কৈ  উঠিল স্বপ্না। খং আৰু আভিমানত গাল মুখ ৰঙা পৰি উঠিল। 
          "তাৰ মানে তোক পাহৰি যাবলৈ কৈছ মোহন ককাইদেউ ? তই ভাৱি লৈছ বি এ পাছ কৰি মই তোতকৈ বহুত ডাঙৰ হৈ গলো বুলি । আৰু তাকে ক'বলৈ মোক ইয়ালৈ মাতি আনিছ ?"  স্বপ্নাৰ চকু চলচলীয়া হৈ পৰিল । আচলতে তাই হীনমণ্যতাত ভুগিছে । কিন্তু কিয় ?
             গম্ভীৰ আকৃতিৰে মোহনে কৈ গ'ল "চা স্বপ্না । অবুজ নহবি । কথাবোৰ ভুলকৈ বুজি আকোৰগোঁজ নহবি । আমাৰ অঞ্চলটোত তয়ে প্ৰথম স্নাতক ছোৱালী । তই আগবাঢ়ি যোৱাত মোৰ জানো কৰণীয় নাই ?অঞ্চলটোৰ প্ৰথম মহিলা স্নাতক হিচাপে তোৰ কৰণীয় বহুত আছে । মই এইটো নিবিচাৰো মোৰ বাবে তোৰ উন্নতিত যতি পৰক । তই এম এ টো পাছ কৰিবই লাগিব স্বপ্না তই মোক কথা দে ?
       তই এইবোৰ কি বলকিছ মোহন ককাইদেউ । মই পঢ়া শুনা কৰি আগবাঢ়ি যাবলৈ হ'লে তোক পাহৰিব লাগিব । নাই নাই আচলতে মানুহৰ অন্তৰ বুজিব নোৱাৰা তই এটা কঠুৱা মানুহ । তোক লৈ দেখা সপোনবোৰ আচলতে মই ইমান দিনে মৰীচিকা হে খেদিলো । হুক হুকাই কান্দি উঠিল তাই ।
        "তই এতিয়া কথাবোৰ ভাৱিবলৈ টান পাইছ । মই বুজিছো , কিন্তু এই নভবা কথাবোৰকে সময়ে তোক ভাৱিবলৈ বাধ্য কৰাব ।  সেই বাবেই কৈছো । মোৰ দৰে ঠেৰু ছিগা মানুহ এটাৰ কাৰণে তোৰ উজ্বল ভৱিষ্যতটো মাটি নকৰিবি স্বপ্না । এয়া মোৰ কাতৰ অনুৰোধ ।  তোক ভালপোৱাৰ বাবে ইমানখিনি যদি ত্যাগেই কৰিব নোৱাৰো তেন্তে ভালপোৱাৰ মূল্যই বা ক'ত থাকিব ? তই মোক কথা দে স্বপ্না ।" ভাৰাক্ৰান্ত মন এটাৰে সি উঠিবলৈ সাজু হ'ল । থোকাথুকি মাতেৰে তাই ক'লে "কথাবোৰ ভাৱিবি মোহন ককাইদেউ । মোৰ কথাটো দকৈ চিন্তা কৰিবি । দুখেৰে দুখ ঢাকি বেদনাৰ বোজাটো গধুৰ নকৰিবি । মই তোক কথা দিলো মই এম এ পঢ়িম । তোৰ কথা ৰাখিম , কিন্তু তোক মই মনৰ পৰা মচি পেলাব নোৱাৰো । মই মৰি যাম মোহন ককাইদেউ । মৰি যাম ।" কথাখিনি কৈ কলৈকো নোচোৱাকৈ তাই ঘৰৰ ফালে খোজ পেলালে ।  
        গধুৰ মনটোৰে কিবা এসোপামান গধুৰ বেদনা লৈ মোহনো আগবাঢ়িল পথাৰখনৰ ফালে । আকাশখনৰ পূব ফালে দুচপৰামান মেঘে বেলিটো ঢাকি ধৰিছিল তেতিয়া ।

(আগলৈ)



পৃষ্ঠাঃ ১৪
চুটি উপন্যাসঃ

অনুতপ্ত

(যোৱা সংখ্যাৰ পৰা)
বৃষ্টি বৰুৱা

(১০)

ধাচ.....  এটা প্ৰচণ্ড ঘোচা পৰিল অনুজৰ মুখত। অতৰ্কিতে পৰা ঘোচাটোত ভাৰসাম্য হেৰুৱাই অনুজ হলঘৰৰ টাইলছ লগোৱা কঠিন মজিয়াখনতেই কৰ্ফাল খাই পৰিল। ঘোচাৰ জোৰ আৰু মজিয়াত মুখখন ঠেকেচা খাই পৰাৰ ফলত অনুজৰ ওঁঠৰ কোৱাৰিয়েদি এসোঁতা তেজ বৈ আহিল। মূৰটোও অলপ আচন্দ্ৰাই কৰা যেন লাগিল তাৰ। ঘটনাৰ আকস্মিকতাত একো তৎ ধৰিব নোৱাৰি এইবাৰ সি পিছলৈ ঘূৰি চালে। কিন্তু, পিছলৈ ঘূৰি চাই যাক দেখিলে, বিস্ময়ত তাৰ চকু ডাঙৰ হৈ গ'ল।

 সি...দ্ধা...ন্ত...ত‌ই....???   

 প্ৰচণ্ড খঙত অনুজলৈ আক্ৰমণাত্মক ভংগীৰে চাই থকা সিদ্ধান্তক দেখি কোনোমতে হে যেন তাৰ মুখৰ পৰা সিদ্ধান্তৰ নামটো ওলাল। 
খঙত কঁপি উঠিছে সিদ্ধান্ত। ৰঙা পৰি যোৱা তাৰ হাতৰ মুঠিটোৱে অনুজক যে সিয়ে প্ৰহাৰ কৰিছে তাৰ প্ৰমাণ স্পষ্টকৈ পোৱা গৈছে।
"তোৰ ইমান সাহস অনুজ, ৰিতিৰ গাত হাত উঠাৱ ত‌ই... ৰহ, তোক আজি ম‌ই... "  খঙত একো নাই হৈ  সিদ্ধান্তে একেবাৰে অনুজৰ গাৰ ওপৰতে উঠি তাৰ ডিঙিটোতে চেপা মাৰি ধৰিলে। সিদ্ধান্তৰ এনেকুৱা খং ৰিতিয়ে আগতে কেতিয়াও দেখা নাছিল। তাইৰ ভয় লাগিল, নহ'বলগীয়া কিবা হৈ যোৱাৰ ভয়ত তাইৰ অন্তৰাত্মা কঁপি উঠিল....তাই দৌৰি গৈ সিদ্ধান্তৰ হাতৰ বান্ধোনৰ পৰা অনুজৰ ডিঙিটো এৰুৱাবলৈ চেষ্টা কৰিলে। 
"সিদ্ধান্ত, এৰি দে অনুজক। মৰি থাকিব সি.... সিদ্ধ... এৰি দে বুলি কৈছোঁ নে তোক। এৰি দে..... সিদ্ধ... "       প্ৰচণ্ড জোৰেৰে ঠেলা এটা মাৰিলে ৰিতিয়ে সিদ্ধান্তক আৰু সি মজিয়াতে উবুৰি খাই পৰিল। ইফালে সিদ্ধান্তৰ বান্ধোনৰ পৰা মুকলি হৈ অনুজেও সেহাই সেহাই উঠি বহিবলৈ চেষ্টা কৰিলে। ডিঙিত টেপা মাৰি ধৰা বাবে তাৰ উশাহ প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছিল। সি বেৰতে আউজি বহি লৈ দীঘল দীঘলকৈ উশাহ ল'বলৈ ধৰিলে... ঘামে জামে ৰঙা পৰি যোৱা তাৰ মুখ আৰু চকুলৈ ৰিতিয়ে এবাৰ মূৰ তুলি চালে। অজানিতেই তাইৰ বুকুখন চিৰিঙকৈ গ'ল...কিবা এটা যেন বহুত বেয়া হ'বলৈ গৈ আছে তাইৰ তেনেকুৱা অনুভৱ হ'ল। তাই এইবাৰ কাষতে পৰি থকা সিদ্ধান্ত লৈ চকু দিলে। কঁকালতে হেঁচা এটা দি সি থিয় হ'বলৈ চেষ্টা কৰিছে। হয়তো জোৰত ঠেলা মাৰি দিয়াৰ কাৰণে সি কঁকালত দুখ পালে। তাইৰ কাৰণে সিদ্ধে দুখ পোৱা কাৰণে তাইৰ বেয়া লাগি গ'ল। "চ'ৰি সিদ্ধ, মোৰ কাৰণে ত‌ই দুখ পালি... ঐ প্লিজ বেয়া নাপাবি দে মোক...ৰহ তোক হেল্প কৰি দিওঁ।" ৰিতিয়ে সিদ্ধান্তৰ ওচৰলৈ গৈ তাৰ কান্ধত ধৰি তাক থিয় কৰাবলৈ চেষ্টা কৰিলে। তেনেতে...

ঠাছছছছছছ.....!!

আইনা ভঙাৰ শব্দ শুনি ৰিতি আৰু সিদ্ধান্তে শব্দটো অহাৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে।



পৃষ্ঠাঃ ১৫

ওচৰতে থকা সৰু টেবুলখনত ভৰ দি বহাৰ পৰা উঠিবলৈ চেষ্টা কৰোতে অনুজৰ হাত লাগি টেবুলখনৰ ওপৰত থকা গ্লাচৰ ফুলদানী এটা মজিয়াত পৰি ভাঙি ছুৰমাৰ হৈ গ'ল। টেবুল, ৱালত খেপিয়াই খেপিয়াই কোনোমতে বহাৰ পৰা থিয় হ'ল অনুজ। ভঙা গ্লাচৰ টুকুৰাবোৰলৈ চাই পঠিয়ালে সি...কেইছেকেণ্ডমান সেইফালেই চাই থাকি মজিয়াৰ ভঙা টুকুৰা কেইটাৰ ফালে আগবাঢ়ি গ'ল অনুজ আৰু অলপ হাওলি টুকুৰা বোৰৰ মাজৰ পৰা এটা চোকা কাঁচৰ টুকুৰা তুলি ল'লে। কিছুসময় ভঙা টুকুৰা টো লিৰিকি বিদাৰি চাই থাকি এইবাৰ সি ৰিতি আৰু সিদ্ধান্তৰ ফালে মূৰ তুলি চালে। তাৰ মুখত এটা বিদ্ৰুপৰ হাঁহি ফুটি উঠিল। ইফালে অনুজৰ চকুৰ চাৱনি আৰু মুখত সিহঁতলৈ চাই মৰা বিদ্ৰুপৰ হাঁহিটো দেখি তাৰ মগজুত যে কিবা দুষ্ট বুদ্ধি খেলাইছে সেয়া অনুমান কৰি ৰিতি আৰু সিদ্ধান্ত সাৱধান হৈ উঠিল। ৰিতিক পিছলৈ দি সিদ্ধান্তে নিজে তাইৰ সন্মুখত থিয় হৈ অনুজে কৰিব পৰা সম্ভাব্য আক্ৰমণৰ সন্মুখীন হ'বলৈ সাজু হ'ল। পৰিস্থিতি বিষম হোৱা দেখি ভয়তে ৰিতিৰ কলিজাটো দুৰু দুৰুকৈ কঁপিব ধৰিলে। তাই নিজৰ অজানিতে সিদ্ধান্তৰ চাৰ্টটোত পিছফালৰ পৰা খামুচি ধৰিলে। পিন্ধি থকা চাৰ্টটোত টান এটা অনুভৱ কৰি পিছলৈ ঘূৰি চাই ৰিতিৰ অৱস্থাটো দেখি তাইৰ যে খুব ভয় লাগিছে সেয়া অনুমান কৰিব পাৰিলে সিদ্ধান্তে। কিবা এটা মৰম লাগি গ'ল তাইলৈ তাৰ। অনুজৰ ফালে মুখখন ঘূৰাই সি এইবাৰ তাৰ হাত এখন পিছলৈ নি ৰিতিৰ হাত এখন ধৰি ল'লে। ইফালে হঠাৎ সিদ্ধান্তৰ হাতৰ স্পৰ্শ পাই ৰিতি উচপ খাই উঠিল। তাই সিদ্ধান্তলৈ চালে। তীক্ষ্ণ দৃষ্টিৰে অনুজলৈ চাই থকা সিদ্ধান্তৰ কঠিন মুখখন যেন তাইৰ হঠাৎ কিবা অচিনাকী যেন লাগিল। সি যেন কলেজৰ সেই সিদ্ধান্ত নহয়, আজিৰ সিদ্ধান্ত যেন কোনোবা বেলেগ যাক আজিলৈ ৰিতিয়ে হয়তো মনেই কৰা নাছিল। বহুত বছৰৰ পিছত সেইদিনা লগ পোৱা সিদ্ধান্তৰ চকুত দেখা পোৱা তাইৰ প্ৰতি থকা আকুলতা খিনি যেন তাই এতিয়াহে অনুভৱ কৰিব পাৰিছে...তাৰ চকুত দেখা পোৱা বিষণ্ণতা অথচ তাইৰ প্ৰতি থকা আন্তৰিকতাৰ মাজত যেন বহু কথা সোমাই আছে, যিবোৰ সি আজিলৈ হয়তো কাৰোৰে আগত প্ৰকাশ কৰা নাই.... হঠাৎ এক অনামি শিহৰণে যেন ৰিতিৰ সমগ্ৰ সত্ত্বাক কঁপাই গ'ল.... কিবা এটা বিশেষ টান অনুভৱ কৰিলে তাই সিদ্ধান্তৰ প্ৰতি....কিবা যেন ভাল লগা...এক নতুন অনুভূতি...। সিদ্ধান্তৰ হাতখন জোৰত খামুচি ধৰিলে তাই। কিন্তু....

(আগলৈ)



পৃষ্ঠাঃ ১৬

ধাৰাবাহিক উপন্যাসঃ

আজি মেঘৰ মাদল বাজিছে

(যোৱা সংখ্যাৰ পৰা)

যুগললোচন দাস

              চকুৰ টোপনি কাঢ়ি নিছিল উৎকণ্ঠাৰ বাঢ়নি নৈখনে।পাৰবিহীন নৈ।উটি গৈ আছে অসীমলৈ। পাৰ বিচাৰি হাবাথুৰি খাই ভাগৰি পৰিছে লাহৰী। হতাশ কিন্তু হোৱা নাই। নিজেই অনুমান কৰি এটা পাৰ বিচাৰি লৈছে।পলাশেও তাইক ভাল পায়। কিন্তু প্ৰকাশ কৰিব খোজা নাই। সি হয়তো তাইক লতাশিলত বিহু সম্ৰাজ্ঞী কৰালৈ অপেক্ষা কৰিছে...।তাৰ আগতে সি সম্ভৱত প্ৰেম নিবেদন কৰিব বিচৰা নাই।যদি সিহঁতৰ মাজত প্ৰেমৰ অস্থিৰ নৈখনৰ সোঁত  বেছি কোবাল হৈ পৰে, গুৰু- শিষ্যৰ মাজত কোনো প্ৰভেদ নাথাকিব। সেই চিন্তা কৰিয়েই হয়তো পলাশে প্ৰেমৰ নৈখনত সাঁতোৰাৰ পৰা  নিজক সম্বৰণ কৰি ৰাখিছে। আৰু যে অহা ব'হাগত মাকক কথাটো ক'বলৈ আহিব...তাইক সি বিয়া কৰোৱাৰ প্ৰস্তাৱ দিব নেকি বাৰু...! কথাষাৰ ভবাৰ লগে লগে শিহৰণৰ ঢৌবোৰে তাইৰ দেহটো কঁপাই তুলিলে। ছি:, কি কথাবোৰ যে ভাবিছে তাই ! লাজৰ ওৰণি এখনে যেন তাইৰ মুখখন ঢাকি ধৰিলে। তাই ভবা কথাটোৱেই যেন হয়গৈ আৰু...। অহা ব'হাগলৈ সম্পূৰ্ণ এটা বছৰ।ইমান উৎকণ্ঠা মনতলৈ কোনেও থাকিব নোৱাৰে দেই।তাই যে অনুমান কৰি লৈছে কথাবোৰ, তাতেই তাই আশ্বস্ত হৈ থকাটোৱেই ভাল হ'ব। মনৰ উৎকণ্ঠাও কমি থাকিব কিছু।
      ঘনাই নহ'লেও পলাশৰ পৰা ফোন- মেচেজবোৰ আহি থাকিল। কিন্তু কিছুমান খবৰ  মাকৰ পৰাহে পায়। ভায়েক প্ৰকাশক মেডিকেল পঢ়ুৱাব। টে'ষ্টৰ কোচিঙৰ বাবে তাৰ লগতে ৰাখিছে। ঘৰত অকলে দেউতাক। 
               লাহৰীয়ে এতিয়া কথাবোৰ বৰকৈ নভবা হৈছে। সহজ কৰি লৈছে নিজকে।পলাশৰ ওপৰত আছে তাইৰ অগাধ বিশ্বাস। মৰম- আবেগ নাথাকিলেও তাৰ গহীন গহীন কথাবোৰ এতিয়া ভাল লগা হৈ গ'ল তাইৰ। শুকান মৌচাকৰ পৰা তাই নিজেই বাহিৰ কৰি লয় মৌবোৰ। মানুহটোৱেই তেনেকুৱা।পলাশৰ বিশাল নোমাল বুকুখনৰ ভিতৰত যে এখন মৰম- ভালপোৱাৰ সাগৰ লুকাই আছে, উপলব্ধি কৰিছে। সি নজনাকৈয়ে সেই সাগৰৰ ঢৌবোৰে তাইক চুই পুলকিত কৰি আছে। সময়লৈ অপেক্ষা কৰাই ভাল। নিজকে এনেদৰে প্ৰবোধ দি সময়বোৰ পাৰ হ'বলৈ দিছিল লাহৰীয়ে।

            আজি নিশাটো বৰ দীঘলীয়া যেন লাগিছে। পুৰণি কথাবোৰৰ চিত্ৰবোৰ এখন এখনকৈ তাইৰ চকুলৈ আহি ভিৰ কৰাত নিদ্ৰা দেৱী নামি অহাৰ সুযোগেই পোৱা নাই। আচলতে টোপনি গ'লে নিশাটো তেনেই চুটি হয় আৰু উজাগৰে থাকিলে দীঘলীয়া হয়। কিন্তু আজি তাই নিশাটো দীঘলীয়া হৈ থকাটোৱেই কামনা কৰিছে। বেলিটো পৰাপক্ষত পূবলৈ উঠি নাহিলেই ভাল পাব। বাহিৰত বৰষুণৰ শব্দ নাই। মেঘেও বজাবলৈ এৰিলে মাদল। আকাশখন চাগে এতিয়া ফৰকাল। শেষ নিশাৰ তৰাকেইটাই বিদায় ল'বলৈ সাজু হৈছে শেঁতা হাঁহিটোৰে।এঙামুৰি দি বেলিটো সাৰ পায় পূৱলৈ উঠি অহাৰ যো জা চলাইছে। অলপ পিছত পূৱ আকাশত দেখা দিব ৰঙচুৱা ৰেখাকেইডাল। পুৱাটো আৰু অলপ দেৰিকৈ আহক বুলিয়েই লাহৰীয়ে চকুদুটা জোৰকৈ মুদি দিলে। কাণত পৰিল দুই- এটা চৰাইৰ  কল কলনি। তাই বিচৰামতে নহ'ল। পুৱা সময়মতেই হ'ব। তাইৰ ইচ্ছা অনুসৰি প্ৰকৃতিৰ নিয়ম সলাব নোৱাৰে নহয়। নাই তাইৰ সেই ঐশ্বৰিক শক্তি। আন্ধাৰখিনিকে জোৰকৈ ধৰি ৰখাৰ চেষ্টাত চকুদুটা মুদি থাকিল।
: লাহৰী, আজি নুঠিবি নেকি?  মাকৰ মাতত তাইৰ মেল খাই গ'ল চকু। তন্দ্ৰাৰ আৱেশ নামিছিল মাত্ৰ। একেলগে কেবাটাও দীঘল হামি মাৰিলে তাই।
: ৰাতি তোৰ টোপনি অহা নাছিল নেকি...? তাইৰ ফুলি থকা চকুদুটালৈ চাই আচৰিত হ'ল মাক। ৰাতিটো কান্দি কান্দি কটোৱা নাইতো...!
: নহয় অ' মা। ঢেৰেকনিৰ শব্দৰ পিছৰ পৰা মোৰ টোপনিয়েই নাহিল। মনলৈ কিবা কিবি চিন্তাবোৰ আহি থাকিলচোন।
: উম, আহিবই। এতিয়া মনলৈ কেনেকৈ আহিব ভাল চিন্তাবোৰ। সকলো ফালেই দেখোন শূণ্যতা।



পৃষ্ঠাঃ ১৭

   কোনো উত্তৰ নিদিয়াকৈ লাহৰী বিচনাৰ পৰা উঠি আগফালৰ চোতাল পালে। চোতালত জমা হৈ আছে বৰষুণৰ পানী। বসন্তৰ আগমনৰ প্ৰথমজাক বৰষুণ।জীপাল হৈ পৰিল সকলো।নতুন কুঁহিপাতবোৰে নাচি নাচি তাইক জনাইছে সুপ্ৰভাত। ৰাস্তাৰ দাঁতিৰ পলাশজোপাৰ পাতৰ আঁৰৰ পৰা কুলিজনীয়ে গীত জুৰিলেই।সকলোফালে বসন্তক আদৰাৰ প্ৰস্তুতি। ৰঙালী বিহুটিও কাষ চাপিল। লতাশিলত নচুৱাবলৈ পলাশ আহিব। আকৌ তাই মুগা- ৰিহা, গাম খাৰু, জোনবিৰি, ঢোলবিৰি পিন্ধি , খোপাত কপৌফুল গুজি নাচনীজনী হ'ব। চেনাইক যাচিব বুটাবছা ৰঙা ফুলৰ হেঁপাহৰ বিহুৱানখন। যাৰ বাবে অধিৰ হৈ ৰৈ থাকে প্ৰতিটো বসন্ত... ব'হাগলৈ।
          কিন্তু.....
হঠাতে তাইৰ ভাৱৰ যতি পৰিল। প্ৰচণ্ড ঢেৰেকনি নমৰাকৈয়ে তাই সৰগ পৰাৰ দৰে স্থাণু হৈ ৰ'ল। শূণ্যতা... চাৰিওফালে শূণ্যতা মাথোঁ। এইবাৰ ব'হাগ আহিছে এখন শূণ্য পৃথিৱীলৈ...। লাহৰীয়ে বিচনাতেই ভাবিছিল- পুৱাটো পলমকৈ হওঁক। কিন্তু এতিয়া পুৱাৰ জলমল পোহৰত কিবা অসহায় অনুভৱ কৰিছে। পোহৰ মানেই সত্য... বাস্তৱ।নিশা মানেই সপোন আৰু পুৱা মানেই বাস্তৱ, কঠিন বাস্তৱ...। অজান আশংকাত কম্পিত লাহৰীৰ মনটো। দিনটোত তাই ভাল খবৰবোৰ নাপায়। পলাশ... তাইৰ মৰমৰ পলাশৰো ভাল-বেয়া এটা খবৰ পাব। টোপনি নগ'লেও নিশাটোৱে তাইক যিমান আমেজ দিলে, দিনৰ পোহৰে তাইক সিমানেই শংকিত কৰিব। তথাপিও তাই একান্তভাৱে পলাশৰ এটা ভাল খবৰৰ বাবে অপেক্ষা কৰিব। বাহিৰৰ শূণ্য পৃথিৱীখনত থিয় হৈ থকাৰ তাইৰ ইচ্ছা নগ'ল। গোটেই পৃথিৱীয়ে এতিয়া সাৰ পাইছে। কিন্তু কোনো বাহিৰলৈ ওলোৱা নাই। ক'তোৱেই নাই পুৱাৰ উখল- মাখল প্ৰাণোচঞ্চল পৰিবেশ। কাৰণটো হ'ল- এতিয়া সমগ্ৰ পৃথিৱীতে চলি আছে....
    লকডাউন.....।

                
এটা নতুন উৎকন্ঠা।
 এক অদৃষ্ট বীজাণুৰ দ্বাৰা মানৱজাতিক আক্ৰমণ। সমগ্ৰ পৃথিৱীতে তাৰ সংক্ৰমণ আৰু মৃত্যু কিৰিলি....। ভয়ত বিদিৰ্ণ সকলো। অসহায় বিজ্ঞান। গভীৰ সংকটত মানৱ সভ্যতা। এটাই মহাষৌধ- লকডাউন।  পৃথিৱীৰ অসুখ। গৃহবন্দী সকলো। 
 লাহৰীৰ মনটো উদাস- বিষাদ। তাইৰ মৰমৰ পলাশ এই সময়ত আছে গুৱাহাটীত। এইকেইদিন তাই কেনেকৈ আছে, কেৱল নিজেহে জানিছে। ভগৱান তাইৰ বাবে বৰ নিষ্ঠুৰ। পলাশক বিচাৰিলেও এতিয়া দেখা নাপাব। পলাশৰ চিন্তাত বাউলী হৈ পৰিছে তাই। তাৰ যেন ভয়ংকৰ একো নহয়। কিবা হৈ গ'লে জীৱনেই হ'ব অসাৰ...।   লাহৰীয়ে আৰু ভাবিব নোৱাৰিলে। ভৰিৰ তলৰ মাটি কঁপিছে প্ৰচণ্ড ভাৱে। যেন প্ৰৱল ভূঁইকপ। সঁচাকৈয়ে ভূঁইকপ আহিলেও ভাল , সকলো একেলগে মাটিৰ তলত সোমাই যাব। শব্দ কৰি কান্দিলে তাই। উধাতু খাই ল'ৰি আহিল মাক।
: লাহৰী কিবা খবৰ আহিছে নেকি ? 
: নাই অ' মা। 
: কান্দিছ কিয়?
তাই মাকক সাৱটি ধৰি এজনী সৰু ছোৱালীৰ দৰে ফেকুৰি ক'লে- পলাশদাই সকলো খবৰ প্ৰথম তোমাকেই  দিয়ে।আজি কি দিছে কোৱাচোন...। ঘূৰি আহিব পাৰিবনে পলাশদা। সহনশীলা মাকেও বাধা দি ৰাখিব নোৱাৰিলে চকুপানী। লাহৰীৰ পিঠিত হাত বুলাই ক'লে- মনটো দুৰ্বল কৰিছ কিয় ? পলাশৰ একো হোৱা নাই। সি ঘূৰি আহিব , ধৈৰ্য ধৰিব লাগিব ।
: মা, মোক পলাশৰ ওচৰলৈ লৈ ব'লানা।
: কেনেকৈ যাবি, সকলোতে লকডাউন। গ'লেও তোকো কোৱাৰেন্টাইনত ৰাখিব। ঘৰতে সোমাই থাক।
: মই নোৱাৰা হৈ পৰিছোঁ মা।
: ভগৱান আছে নহয়। তেওঁ সহায় কৰিব।
: নকৰে। মোৰ দেউতাকনো কি সহায় কৰিছিল। বজ্ৰ পেলাই লৈ গ'ল। এতিয়া ভাইৰাছে যদি পলাশকো...
: চুপ। মুখত যি আহে কৈ নাথাকিবি। মাকে বাধা দিলে। তেনে বেয়া চিন্তা কৰিব নাপায়।  সি ঘূৰি আহিবই।মাকৰ মৰমসনা ধমকত শান্ত হৈছিল লাহৰী।
এইবাৰ পলাশ আহিলেই নিজেই কৈ দিব মনৰ কথাষাৰ। তাৰ অবিহনে যে তাই জীয়াই থকা সম্ভৱ নহ'ব, স্পষ্টকৈ জনাই দিব। তাৰ ওচৰত আৰু অকনো সংকোচ  নকৰে। মুগা- ৰিহা মেখেলা, গামখাৰু, জোনবিৰি, ঢোলবিৰি সযতনে ভৰাই থোৱা পেৰাটোলৈ চাই ক'লে- এইবাৰ ব'হাগ আহিছে, বিহুটি  অহা নাই অ'। পেৰাৰ ভিতৰতে বন্দী হৈ থাকিব লাগিব তোমালোকেও। আপদীয়া ভাইৰাছটোৱে সকলোকে বন্দী কৰি থলে অ'। মোক নচুৱাবলৈ পলাশৰ ঢোল নাবাজে। বিহু সম্ৰাজ্ঞীৰ সপোনো সুদূৰ পৰাহত।


পৃষ্ঠাঃ ১৮

:এইবেলি বিহু আৰু ব'হাগ অহাবাটে ঘূৰি যাবগৈ ঢোলত চাপৰ নুশুনাকৈ। মেঘৰ মাদল বাজিলেও মোৰ দেহত থকা নাচৰ তেজত পিৰ পিৰণি নুঠে। গছত ফুলা কপৌফুলৰ মনতো বিষাদ। নাচনীৰ খোপা শুৱনি নকৰাকৈয়ে গছতে মৰহি যাব। জেতুকা পাতবোৰো বেজাৰত জঁই পৰি গৈছে। হাতত ৰং বোলাবলৈ কোনেও ছিঙি অনা নাই। সকলো কোৱাৰেন্টাইন...।দুখৰ সাগৰত উটি- ভাঁহি ফুৰি লাহৰী লেবেজান হৈ পৰিল। ঘনে ঘনে ফোনটোলৈ চাইছে - কেতিয়া পাব আকাংক্ষিত ভাল খবৰটো...! উদ্বিগ্নতাৰে মাকৰ পিছে পিছে ঘূৰি আছে। তেওঁ মৰম আৰু ভেকাহি মিশ্ৰিত মাতেৰে কৈছে- মোৰ পিছে পিছে ঘূৰিব নালাগে।পলাশৰ কোনো খবৰ অহা নাই। তাইৰ মনত পুনৰ ভিৰ কৰে হতাশাৰ ডাৱৰে । দুপৰীয়াৰ বঢ়া ভাত বঢ়াতেই থাকিল। মনৰ স্থিৰতা নহ'লে একোৱেই খাবলৈ মন নাযায়।বিষাদ, উৎকন্ঠা আৰু উদ্বিগ্নতাৰে ভৰি পৰা দিনটো বৰ দীঘল। পশ্চিমলৈ যাবই নোখোজে বেলিটো। কোনো কামতেই বহুৱাব পৰা নাই মন। টিভিটোৰো ওচৰলৈ যাবলৈ ইচ্ছা নাই। সংক্ৰমণৰ উৰ্দ্বমুখী সংখ্যাৰ খবৰবোৰে তাইক বেছি শংকিত কৰে। পৃথিৱীৰ সকলোতে কেৱল মৃত্যুৰ কিৰিলি। অদৃষ্ট বীজাণুৰ স'তে মহাৰণ মানুহৰ। এই যুঁজৰ পৰিণতি কি , কোনেও নাজানে...।পলাশক তাই পাবনে বুকুৰ মাজত...।এবাৰ মাত্ৰ এটা মুহূৰ্ত্তৰ বাবে পালেও তাই সুখী হৈ ৰ'ব। সেই সময়টো সমাগত হ'ব কেতিয়া...? 
 আজি মেঘৰ মাদল বাজিলে... লাহৰীৰ ম'বাইলৰ ৰিংটনত বাজিল নীলিমা খাতুনৰ জনপ্ৰিয় গীতৰ কলিটো। বিদ্যুত গতিৰে ফোনটো কাণত লগালে। ধান বনাদি বানিছিল বুকুখনে।আহিছে খবৰটো...যাৰ বাবে এইকেইদিন ভোক- পিয়াহ এৰি দিন- ৰাতি একাকাৰ কৰি পৰম উদ্বিগ্নতাৰে অপেক্ষাত আছে। ফোনটো পলাশৰেই।
: লাহৰী...
: কোৱা পলাশদা...
: নিগেটিভ...
: কি...সঁচাই কৈছানে...
: ওও। সঁচাই ।
: তাৰমানে তোমাৰ দেহত নাই কৰ'না ভাইৰাছ...!
: নাই।
লাহৰী মূক হৈ গ'ল। চকুৰে বৈ আহিছে ধাৰাসাৰে লোতক।বিষাদৰ নহয় আনন্দৰ।
: কি হ'ল, মনে মনে ৰ'লা যে...
: পলাশদা , তোমাৰ ভাল খবৰটো শুনি মুখৰ মাত হেৰাই গৈছে। বহুত আনন্দ পালোঁ। উলাহৰ চকুলো বাগৰিছে।
: এই লাহৰী, মোৰ কাৰণে ইমান আনন্দ নকৰিবা। বিপদ এতিয়াও আঁতৰি যোৱা নাই। মই কৰ'নামুক্ত হ'ব পাৰো, কিন্তু এতিয়াও বহু লোক আক্ৰান্ত আৰু হৈয়ো থাকিব।তাৰ শেষ ক'ত কোনেও ক'ব নোৱাৰে। যিদিনা সম্পূৰ্ণ পৃথিৱীয়েই হ'ব মুক্ত , তুমি অকলে কিয় ময়ো আনন্দ কৰিম। আমাৰ লগত সমগ্ৰ পৃথিৱীবাসীয়ে কৰিব আনন্দ।সেইখন হ'ব কৰ'না মুক্ত পৃথিৱী। তেতিয়া তোমাৰ আৰু মোৰ মাজত কোনো সামাজিক ব্যৱধান নাথাকে। তুমি থাকিবা মোৰেই বুকুৰ মাজত। অহা ব'হাগলৈ অপেক্ষা নকৰোঁ। অতি সোনকালেই তোমাক মোৰ নিজৰ কৰি ল'ম লাহৰী।
       গিৰিম....
আকাশত পুনৰ মেঘৰ মাদলৰ শব্দ। ৰিমঝিম বৰষুণ পৰিছে। লাহৰী দৌৰি গ'ল চোতাললৈ।তিতিছে বৰষুণত। আজি হেঁপাহ পলুৱাই তিতিব। প্ৰচণ্ড ঢেৰেকনিলৈ ভয় নকৰে।পলাশ এতিয়া তাইৰ নিচেই কাষত। এই পলাশেই তাইক উৎকন্ঠাৰ সাগৰত বুৰাই কোৱাৰেন্টাইনত আছিল। স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি কৰ'না আক্ৰান্তসকলৰ চিকিৎসাজনিত কিছুমান কামত পলাশো জৰিত হৈ পৰিছিল। সেইদিনা অলপ জ্বৰ আৰু দুটামান হাঁচি মাৰিলে বুলিয়েই তাক কোৱাৰেন্টাইন কৰা হ'ল। লগতে স্বাৱ পৰীক্ষা কৰা হৈছিল। এইদিনকেইটাত চিন্তা- উদ্বিগ্নতাত অৱস্থা কাহিল হৈ পৰিছিল লাহৰীৰ। উৎকণ্ঠাৰ অন্তত আজি আহিল তাই অপেক্ষা কৰি থকা ইপ্সিত খবৰটো...। পলাশে আজি তাইক ভালেকেইটা সুখবৰ দিলে মাকক প্ৰথম নিদিয়াকৈয়ে। সেইবাবেই বেছি আনন্দ পাইছে লাহৰীয়ে। আনন্দ- অনুৰাগত তাই নাচিছে ৰিমঝিম বৰষুণত। কেৰেপ নকৰে ভয়লগা ঢেৰেকনিলৈও। পলাশ আছে তাইৰ লগত। সি তাইৰ বাবে সাহস আৰু নিৰাপদ আশ্ৰয়। তাৰ বিশাল নোমাল বুকুখনৰ ভিতৰত আছে এখন মৰমৰ নীলিম সাগৰ। নীলা তাই ভাল পায়। মাকে শুনাকৈ তাই চিঞৰি চিঞৰি আকাশ বিদিৰ্ণ কৰি কৈছে- মা, পলাশ নিগেটিভ। তাৰ দেহত নাই ভাইৰাছ। পলাশ সোনকালেই আহিব। তোমাক যিটো কথা ক'ম বুলি ভাবিছিল, মোকেই আজি জনাই দিলে মা...। আজি মই হেঁপাহ পলুৱাই বৰষুণত তিতিম। বাধা নিদিবা। ঢেৰেকনিলৈও ভয়বোৰ নোহোৱা হৈ গ'ল। এই বৰষুণে উটুৱাই লৈ যাব সকলো ভাইৰাছ। জীপাল হৈ উঠিব এখন নতুন সেউজীয়া পৃথিৱী। ভাইৰাছ মুক্ত পৃথিৱী...।

      গিৰিম.....
আকাশত পুনৰ মেঘৰ মাদলৰ শব্দ। লাহৰীয়ে তাৰ তালে তালে নাচি গুণগুণালে---
  আজি মেঘৰ মাদল বাজিলে,
মোৰ মনৰ ময়ূৰে নাচিলে.....।

‌( সমাপ্ত)



পৃষ্ঠাঃ ১৯
অণুগল্পঃ

বৈধব্য

    তাইৰ জন্মৰ আগতেই দেউতাকে এই সংসাৰৰ পৰা বিদায় ল'লে। মাকে অকলেই তাইৰ জীৱনটো গঢ়ি তুলিলে। তাইক এগৰাকী সু চিকিৎসক হিচাবে গঢ়ি তুলিবলৈ মাকে সকলো কষ্ট মূৰ পাতি লৈ এদিন সফল হ'ল। আজি তাইৰ যুগ্ম জীৱনৰ শুভ দিনটোত তাইৰ সকলো শুভ কাম মাকৰ হাতেৰে কৰাটো বিচাৰিছে। তাই সেই সকলক এই কৰ্মবোৰৰ পৰা আঁতৰাই ৰাখিলে যি সকলে মাকক বিধৱা বুলি আঁতৰত ৰাখিব খোজে। তাই মাত্ৰ তাইৰ শুভ চিন্তক মাকৰ আশীর্বাদ বিচাৰে প্ৰতি মূহুর্তত, যিয়েই তাইৰ জীৱনৰ ৰংবোৰ সামৰি কোঁচত তুলি দিয়ে।

হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্যঃ ৭০০২৯৬১৩৬২

মনোবাঞ্চা

         "হেৰ' ভদ্রেশ্বৰ, নিজৰে চাৰিটাকৈ ল'ৰা থাকোঁতে আৰু এটা তুলি ল'ব লাগেনে ?" গাঁৱৰে ৰত্নেশ্বৰে বিৰক্তিৰেই কৈছিল কথাষাৰ | তিনিআলিত কোনোবাই এৰি থৈ যোৱা কেচুৱাটো ঘৰচপাই অনা দেখি|
"এ..কআইদেউ ,সময়ত চাৰিখন কান্ধ লাগিব নহয় , আৰু জুমুঠিটোনো কোনে ধৰিব ?" হাঁহি হাঁহিয়েই ভদ্রেশ্বৰে কৈছিল কথাষাৰ |
       আজি ভদ্রেশ্বৰ নিজৰ চাৰিটা ল'ৰাৰ কান্ধত উঠি শ্মশান যাত্রা কৰিছে | আগে আগে  জুমুঠিটো লৈ তোলনীয়া সৰু পুতেক ।

অনিন্দিতা খনিকৰ হাজৰিকা
বৰদলৈ নগৰ
তিনিচুকীয়া
মৰম

   বিয়াৰ এবছৰ পিছতেই ৰাসত স্বামীয়ে কিনি দিয়া মৰমৰ চীনা মাটিৰ টেকেলীটো ভাঙি ত্ৰিছটা বছৰে সাঁচি ৰখা টকা কেইটা পুত্ৰক ডাক্তৰী পঢ়িবলৈ বুলি বিদেশলৈ যাবলৈ ওলোৱাৰ সময়ত উলিয়াই দিছিল মাকে।
আজি বিদেশৰ পৰা পুত্ৰৰ ফোন আহিল -"আমি যাব নোৱাৰিম। তহঁতে তাতেই মাৰ সৎকাৰ কৰিবি। কেইদিনমান পিছত মই গৈ মাটিৰ কাগজ খিনিৰ ব্যৱস্থা কৰিম"।

     কংকনা দেৱী 
ফটাশিল আমবাৰী, গুৱাহাটী

সুখ

দুবছৰ আগতেই দেউতাকৰ লগত কাজিয়া কৰি, বহিৰাজ্যত কাম কৰিবলৈ  গুচি যোৱা ল'ৰাটো, কেইদিন মান আগতে ঘৰলৈ ঘুৰি আহিল। ৰাতিপুৱা দেউতাক উঠাৰ আগতেই  সি গৰুহাল লৈ আজি পথাৰলৈ গৈছে.. ভাগৰুৱা দেউতাকৰ দুচকুত আজি সুখৰ বৰষুণজাক নামিছে, ঘৰৰ ল'ৰাই পথাৰ খন আপোন কৰি লৈছে..
সত্যজিত শইকীয়া


পৃষ্ঠাঃ ২০

এক মিনিটৰ গল্পঃ


মোহ

          গোটেই ৰাতিটো ৰত্নেশ্বৰ শুব পৰা নাই। ইবাগৰ সিবাগৰকৈ বাগৰ সলাই সলাই থাকোতেই কুকুৰাই ডাক দিলে। ৰত্নেশ্বৰৰ এই অৱস্থাৰ কথা পৰিবাৰ উষাইয়ো গম নোপোৱাকৈ থকা নাই। 
"হেৰি পাহিৰ দেউতাক , এতিয়া শুই থাকক চোন। সকলো ঠিক হৈ যাব। ভগৱান আছে নহয়।"
নাই , তথাপি ৰত্নেশ্বৰৰ চকু দুটা এপলকলৈও মুদ নাখালে। বুকুখনত অবুজ বিষ এটাই এনেকুৱাকৈ হেঁচা মাৰি ধৰি আছে যে তাৰ নিজৰে আই,চি. ইউ ত থকা ৰোগীয়ে অক্সিজেনৰ অভাবত বিছনাত ইচাত-বিচাত কৰি থকাৰ দৰে লাগিল।
    সি বিছনা খনৰপৰা উঠি একে কোবে গোহালী টো পালেগৈ আৰু হুকহুকাই  কান্দিবলৈ ধৰিলে। জীৱনত কেতিয়াও আনকি তাৰ দেউতাকে এৰি যাওঁতেও এনেদৰে সি কন্দা নাছিল।   কান্দি কান্দিয়েই সি গোহালীৰ খুটাঁ দুটাত লাগি থকা পঘা কেইডালত ধৰি ক'বলৈ ধৰিলে ," ঐ বগা আৰু মূগা, তহঁত দুটাই মোক দায় দোষ নধৰিবি। মাজনীয়ে যাতে ভালকৈ পঢ়ি ডাঙৰ মানুহ হ'ব পাৰে সেই বুলিয়ে তহঁতক বেচি ডাঙৰ ম'বাইল এটা আনি দিলো। তহঁতক মোৰ কাষৰ পৰা আঁতৰ কৰি ক'ত থৈ আহিলো অ' বোপাইহঁত ? তহঁতে মোক ভুল নুবুজিবি দেই। তাই ডাঙৰ মানুহ হওক বুলিয়ে ..........।" 
             যি সম্পদ পৰিয়ালটিৰ ভাত মুঠি মোকলোৱাৰ একমাত্ৰ সম্বল, তাক হেৰুওৱাৰ উপলদ্ধি হেৰুওৱা জনেহে বুজে । ৰত্নেশ্বৰৰ দুখৰ আজি অন্ত নাই। সি পঘা দুডালত ধৰি ইনাই-বিনাই কথাবোৰ কৈ থাকোতেই  উষা আহি মানুহজনৰ কাষ পালেহি। মানুহজনৰ দুখভৰা কথা কেইষাৰে উষাৰো হিয়া কঁপাই তুলিলে। ততাপিও তাই লাহেকৈ মানুহজনৰ হাতৰ পৰা পঘা দুডাল লৈ গোহালীৰ কামি এডালতে ওলমাই থৈ আঁতৰি আহিল। পূবে তেতিয়া ঢলফাঁট দিছিল।

মনালিছা শইকীয়া
বোকাখাত


পৃষ্ঠাঃ ২১

এক মিনিটৰ গল্পঃ

নতুন যাত্ৰা

চাহ খোৱা কাপটো টেবুলতে থৈ তাই বাকচৰ পৰা প্ৰিয় আকাশী ৰঙৰ শাৰী খন ৰঙা ব্লাউজৰে সৈতে উলিয়াই পিন্ধি সাজু হৈ আছিল। মাকে পিছৰ পৰা কৈছিল,"ইমান উজ্বল ৰঙৰ কাপোৰ পিন্ধিলে তোৰ বিষয়ে কোনোবাই কিবা আলোচনা কৰে নেকি……" তাই তপৰাই উত্তৰ দিছিল,"বিবাহ বিচ্ছেদহে হৈছে, জীৱনৰ বাকী ৰং বোৰৰ অভাৱ হোৱা নাই নহয়।" কথাষাৰ কৈ তাই মাকৰ পৰা আশীৰ্বাদ লৈ তাই ওলাই গৈছিল। তিনি আলিৰ পৰা বাছত উঠি প্ৰায় ডেৰ-দুই ঘন্টাৰ বাট। খিৰিকীৰে তাই দৃশ্যবোৰ উপভোগ কৰি গৈ আছিল। যোৰাই থকা চৰাই দুটিক দেখি যদিও তাই নিজক লৈ নিৰাশ হৈছিল ৰাস্তাৰ দাঁতিত কাঁহী খন হাতত লৈ থকা শিশুটিৰ অকৃত্ৰিম হাঁহিটোত কিন্তু জীয়াই থকাৰ উদ্দেশ্য বিচাৰি পাইছিল।
           অৱশেষত অ'ফিচ পাইছিল গৈ । নতুন দিন নতুন কাম কিছু উৎসাহ কিছু উদ্বেগ। দীঘলকৈ উশাহটো টানি তাই নেদেখা জনৰ নাম লৈ অ'ফিচৰ ভিতৰলৈ সোমাই গৈছিল। এনেতে কাৰোবাৰ মাত শুনি তাই ঘূৰি চাই আচৰিত হৈছিল, কলেজীয়া দিনৰ সেই প্ৰিয় চিনাকি মুখখন। বসন্তৰ কুলিটিয়ে যেন তাইৰ কাণত বিনাইছে কিম্বা ঢোলৰ চাপৰ যেন তাইৰ বুকুত বাজিছে। তাই কিবা কোৱাৰ আগতে তেওঁ সুধিছিল,"তুমি ইয়াত যে !কেনেকৈ ?" তাই উত্তৰ দিছিল "আজি প্ৰথম দিন অ'ফিচত।ঘৰৰ পৰিস্থিতি ভাল নহয়। গতিকে………"
:"কিন্তু তোমাৰ স্বামী?"
:"বহু কথা সেইবোৰ, পিছত ক'ম দিয়া । অকলে থাকিবলে শিকিছো, জীয়াই আছো, সেইটো ডাঙৰ হে কথা।"
:"বাৰু মই ইয়াতে কাম কৰোঁ, কিবা অসুবিধা হ'লে জনাবা।নতুন কামৰ বহু শুভাষা।"
:থেংক্স 
:"ব'লা তোমাক , তোমাৰ টেবুলখন দেখুৱাই দিওঁ ।"
: উম, ব'লা
         বাৰ বছৰৰ পিছত সেই প্ৰিয় মানুহজনৰ লগত তাই আগবাঢ়ি গৈছিল, নতুনৰ ফালে, নতুন দিনৰ ,নতুন কৰ্মৰ অথবা নতুন যাত্ৰাৰ দিশে ।।

নিকি হালৈ
৮৮৭৬২৮৯২৪৯
নলবাৰী


পৃষ্ঠাঃ ২২

এক মিনিটৰ গল্পঃ
বৃদ্ধাশ্ৰম

     বৃদ্ধাশ্ৰমখনলৈ নিতৌ এপাক যোৱাটো মোৰ অভ্যাস। সিদিনাখনো আনদিনাৰ দৰে আশ্ৰমখনৰ কোঠাবোৰত চকু ফুৰাই গৈছিলো। বৃদ্ধাশ্ৰমখনৰ এটা কোঠালিত চাৰিজনী আবাসী থকাৰ ব্যৱস্থা কৰা হৈছে । তাৰে এটা কোঠাত চকুত পৰিছিল বিশেষ ধৰণে থকা আইতা গৰাকীলৈ। পৰিস্কাৰ কাপোৰ পৰিধান সহ সোণৰ অলংকাৰে তেখেতৰ আভিজাত্যৰ প্ৰকাশ ঘটিছিল সুন্দৰকৈ। দুজনী ব্যক্তিগত পৰিচাৰিকাই পৰিচৰ্য্যা কৰি আছে তেওঁক । "সকলো থাকিও কিয় তেখেত বৃদ্ধাশ্ৰমৰ বাসিন্দা..?" কৌতুহল সামৰি ৰাখিব নোৱাৰি কাষ চাপি গ'লো।কথা বতৰাৰ পৰা জানিব পাৰিলোঁ তেখেত চহৰখনৰ আধ্যবন্ত পৰিয়ালৰ উচ্চ পদবীত চাকৰিজীৱি সন্মানিত এখন ঘৰৰ বোৱাৰী আছিল। জীৱন সংগীৰ মৃত্যুৰ পিছত একমাত্ৰ সন্তানে বিদেশৰ পৰা আহি পৈত্ৰিক সম্পত্তি সকলো বিক্ৰী কৰি জন্ম দাত্ৰীক আৰামত থাকিবলৈ আৰু লগ সঙ্গৰ বাবে থৈ গৈছে শকত অনুদান এটি দি দুজনী পৰিচাৰিকা। সময়ৰ কি পৰিহাস......।
      কাষলৈ গৈ মৰমলগা আইতাক সাৱটি ধৰি মৰম কৰিলোঁ। দুয়ো হাতত দুটা চুমা যাচিলোঁ। আইতাই ধেলা পৰা চকু দুটাৰে মোলৈ চাই কিবা এটা কৈছিল ... হয়তো একমাত্ৰ সন্তানটোৰ কথা কৈছিল। আইতাৰ দুচকু পানীৰে ভৰি আহিছিল.... মোৰ বুকুতো এজাক ধুমুহা বৈ আছিল। 
    সমাধিস্থ সপোনৰ গম্বুজত বহি জীয়াই থকা এই বৃদ্ধ-বৃদ্ধা সকলৰ শেষ আশ্ৰয় বৃদ্ধাশ্ৰমখন অসহ্যকৰ লাগিবলৈ ধৰিলে। জীৱন্ত যন্ত্ৰণাৰ স্থল বৃদ্ধাশ্ৰমখনৰ পৰা ওলাই গ'লেহে যেন মোৰ উশাহ ঘূৰি আহিব। এটা অশান্ত মন লৈ মই উভটনি যাত্ৰা আৰম্ভ কৰিলো।
হিৰণ ভূঞা
মুম্বাই


পৃষ্ঠাঃ ২৩
এক মিনিটৰ গল্পঃ
টিউচন মাষ্টৰ

টিউচন মাষ্টৰ অনিল চৌধুৰী পুনৰ টিভিৰ সমুখত বহি ললে৷ আজি প্ৰধানমন্ত্ৰীয়ে পুনৰ ভাষণ দিয়া কথা ৷ লকডাউন বঢ়াবই চাগে৷ বঢ়াবই ৷ যোৱা দেৰ মাহ ধৰি ওলোৱা সোমোৱা সকলো বন্ধ ৷ মাত্ৰ সপ্তাহত এদিন গৈছে গেলামালৰ বাবে ৷ আৰু দুদিন ঔষধ আনিবলৈ ৷ মাহৰ আধাতে টিউচন বন্ধ হ’ল৷ এতিয়াও খোলা হোৱাই নাই৷ যাব পাৰিলে হয়তো মাচুল খিনি পোৱা গ’ল হয়৷ কিন্ত যায় কেনেকৈ ? সিদিনা বৰ্মনে ফোন কৰিলে , "মাষ্টৰ , প্ৰকোপ বাঢ়িছেহে দিনক দিনে - কি সতে নো আহিবলৈ কওঁ ?" 
‌সাচতীয়া টকাৰ যে তলী উদং কেনেকৈনো বুজায় ? বাটত ধন শৰ্মাক লগ পাইছিল সিদিনা ৷ তেওঁ এবাৰো উল্লেখ নকৰিলে ল'ৰাক পঢ়োৱা মাচুলৰ কথা ৷ নিজেনো কেনেকৈ কয় বাৰু অনিল চৌধুৰীয়ে ? কত বছৰ টিউচন কৰিলে কোনোদিনেই কোনো অভিভাৱকক মাচুল সাধি পোৱা নাই ৷ মাত্ৰ দেৰ মাহ মানহে হৈছে- আচলতে নিজৰ আৰ্থিক দৈন্যতাৰ কথা অনিল চৌধুৰীয়ে আগতে নিজেও ভালদৰে জনা নাছিল ৷ চৌধুৰীৰ শ্ৰীমতীৰ মোবাইল বাজিব ধৰিলে ৷ মোবাইল ধৰাৰ আগতে দৌৰাদৌৰিকৈ শ্ৰীমতীয়ে চৌধুৰীক সুধিলে , "হেৰা , কলিতা ছাৰে পুনৰ ফোন কৰিছে - আহিব কম নে নকওঁ ? বাবুৰ দুমাহৰ মাচুল দিবলৈ বাকী আছে -কোৱা জলদি কি কওঁ ? " 
‌"নালাগে কোৱা - নালাগে কোৱা "- কিন্ত অনিল চৌধুৰীৰ মনটো চেবাই গ'ল- কলিতা ছাৰোতো তেওঁৰ দৰেই একে টিউচন মাষ্টৰ ৷

অজিত ৰাজবংশী
নলবাৰী
ফোন: ৭৬৭০০৮৫৭১৩

পৃষ্ঠাঃ ২৪

অনুবাদ কবিতাঃ


স্বৰ্গৰ পিচত


(After Paradise By Czeslaw Milosz)

আৰু দৌৰি নুফুৰিবা ৷ শান্ত হোৱা ৷ কিমান কোমলকৈ
যে নগৰখনৰ ছালিবোৰত বৰষুণ পৰিছে ৷ কিমান যে নিখুঁত সমস্ত জগত ৷ এতিয়া,
তোমালোক দুয়ো সাৰ পাইছা,
পুৰণিকলীয়া খিৰিকিৰ কাষৰ এক ৰাজকীয় বিছনাত ৷
এজন পুৰুষ আৰু এগৰাকী নাৰী ৰূপে ৷ কিয়নো, এটি পুলি পুৰুষ আৰু নাৰীত বিভক্ত
হৈ ইজনে-সিজনক বিচৰা হ'ল ৷
হয়, এয়া মোৰ দান তোমালোকলৈ ৷ এখন তিক্ত,
অতি তিক্ত পৃথিৱীৰ ভস্মৰ ওপৰত ৷ তিৰস্কাৰ কোলাহল
আৰু অংগীকাৰৰ ভূ-গৰ্ভস্থ প্ৰতিধ্বনিৰ উৰ্ধত ৷ এই প্ৰত্যুষতে যাতে তোমালোকে
অৱহিত হোৱা: ঈষৎ হেলনীয়া শিৰ,
ফণি লৈ থকা এখন হাত, আইনাত দুখন মুখ-
পাহৰি গ'লেও এইবোৰ চিৰকালৰ বাবে মাথোঁ এবাৰহে,
স্মৃতি বিৱৰ্ণ হ'লেও, তোমালোকে যাতে কৃতজ্ঞ হোৱা হঁক ৷
গ্ৰীষ্মৰ কিনকিনীয়া বৰষুণ আৰু মুকুতা বৰণীয়া পোহৰত
সেই ঈষৎ সেউজীয়া মাৰ্বল মূৰ্তিটো থকা ফুলনিখন
তোমালোকে জপনা খোলোঁতে যেনে আছিল, তেনেই থাকিব দিয়া ৷
আৰু ওখ ওখ, ৰং এৰোৱা প'টিকেৰে ভৰা সেই পথটো-
যাৰ ৰূপ হঠাৎ সলনি হ'ল তোমালোকৰ এই প্ৰেমৰ পৰশত ৷

 ---------------X-------------------

পেলেণ্ডীয় কবি ছেছল' মিল'ছৰ জন্ম ১৯১১ চনৰ ৩০ জুনত আৰু তেওঁৰ মৃত্যু হয় ২০০৪ চনৰ ১৪ আগষ্টত ৷ তেওঁ একেৰাহে কবি, প্ৰবন্ধকাৰ, অনুবাদক আৰু এজন ডিম্ল'মেট আছিল ৷ দ্বিতীয় মহাযুদ্ধৰ ওপৰত লিখা 'the world'তেওঁৰ  একুৰি কবিতাৰ এখন বিখ্যাত সংকলন ৷ মহাযুদ্ধৰ পিচত তেওঁ পেৰিচ আৰু আমেৰিকাত পোলেণ্ডৰ সাংস্কৃতিক প্ৰতিনিধি আছিল আৰু ১৯৫১ চনত তেওঁ পোলেণ্ড ত্যাগ কৰি আমেৰিকাত থিতাপি লয় ৷ ১৯৫৩ চনত প্ৰকাশিত তেওঁৰ প্ৰবন্ধ সংকলন 'the Captive Mind' ষ্টেলিনবাদৰ বিৰুদ্ধে এক মহৎ গ্ৰন্থৰূপে  পৰিগণিত হয় ৷ পশ্চিমীয়া দেশত সাহিত্যৰ অনেক সন্মান লাভ কৰাৰ উপৰিও ১৯৮০ চনত তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰে  ৷

মূল কবিতাটিঃ

AFTER PARADISE

(by Czeslaw Milosz)

Don't run any more. Quiet. How softly it rains
On the roofs of the city. How perfect all things are. Now, for the two of you
Waking up in a royal bed by a garret window.
For a man and a women. For one plant divided 
Into masculine and feminine which longed for each other.
Yes, this is my gift to you. Above ashes 
On a bitter, bitter earth. Above the subterrannean
Echo of clamourings and vows. So that now at dawn
You must be attentive; the tilt of a head,
A hand with a comb, two faces in a mirror
Are only forever once, even if unremembered,
So that you watch whar it is, though it fades away,
And are grateful every moment for your being.
Let that little park with greenish marble busts
In the pearl-gray light, under a summer drizzle,
Remain as it was when you opened the gate.
And the street of tall peeling porticos
Which this love of yours suddenly transformed.

অনুবাদ
প্ৰাণ কৃষ্ণ গোস্বামী
কাহিলিপাৰা,গুৱাহাটী-১৯
মোবাইল নং:৭০০২৪০৯৬৫৫


পৃষ্ঠাঃ ২৫
অনুবাদ কবিতাঃ


আশিস নিবিচাৰোঁ


মূল (হিন্দী): শিৱমঙ্গল সিং "সুমন" 

অসমীয়া অনুবাদ : প্ৰাঞ্জল কুমাৰ লাহন

এই পৰাজয় এক বিশ্ৰাম
জীৱনটো এক মহাসংগ্ৰাম
তিলতিলকৈ শেষ হৈ যাম পিচে দয়াৰ বাবে ভিক্ষা নোখোজোঁ
আশিস নিবিচাৰোঁ

স্মৃতিসুখৰ সময়ৰ বাবে
নিজৰ ভগ্ন আকাংক্ষাৰ বাবে
এয়া জানি লোৱা মই বিশ্বৰ সম্প্ৰতি নিবিচাৰোঁ
আশিস নিবিচাৰোঁ 

কি পৰাজয় কি জয়
কিঞ্চিতো ভীতিগ্ৰস্ত নহওঁ
সংগ্ৰামৰ পথত যি পাওঁ এয়াও শুদ্ধ সেয়াও শুদ্ধ
আশিস নিবিচাৰোঁ

তুচ্চ বুলিলেও বোলা মোক
তুমিয়েই মহান হৈ থাকা
নিজা হৃদয়ৰ বেদনাতো ব্যথিত হৈ ত্যাগ নকৰোঁ
আশিস নিবিচাৰোঁ

লাগিলে হৃদয়ক দুখ দিয়া
লাগিলে মোক অভিশাপ দিয়া
যি কৰা কৰা কৰ্তব্যৰ পথৰ পৰা পিচে কেতিয়াও নপলাওঁ
আশিস নিবিচাৰোঁ


পৃষ্ঠাঃ ২৬

কবিতাঃ


কৰ্ণঃ এক বিষাদ গাথা
----------------------------------------------------------------
দীপ হেষ্টিংছ বৰি
গোলাঘাট

দুৰ্ভাগ্যৰ স’তে যুঁজি যুঁজ
তেওঁ দুৰ্জয়

যি আইৰ কোলাৰ স্পৰ্শ নাপালে
যি আইৰ মমতাৰ উম নাপালে
সেই আইৰ আকুলতাত
ম্লান পৰিল জীৱনৰ শ্ৰেষ্ঠ ব্ৰত
শত্ৰুক বিনাশৰ মহা পৰাক্ৰম

ক্ষোভ, অভিমান আৰু বেদনাৰ
সংমিশ্ৰনত জ্বলি উঠা
হিয়াৰ অগনিত
দহি দহি শেষ হৈ গ’ল
অভিশপ্ত অহংকাৰ ৷

ছদ্মবেশী চতুৰ পুৰন্দৰ দেৱৰাজ
কাঢ়ি নিলা বৈকাথৰ্ণাৰ অক্ষয় কৱচ ৷

কৃপাময়ৰ কৃপণালি
স্তব্ধ ৰশ্মিৰথীৰ গতি
বসুমতীৰ গ্ৰাসত জীৱন চক্ৰ ৷

বিধাতাৰ মৌন ব্ৰত অব্যাহত
নিস্তেজ নিয়তি ঘূণীয়া হ’ল
মহাৰথীৰ মহাপ্ৰয়াণত অলপ আক্ষেপ ৰৈ গ’ল
বিষাদৰ উল্কা খহি পৰিল ৷


পৃষ্ঠাঃ ২৭
কবি লৈ
( শ্ৰদ্ধাৰ নীলমণি ফুকন ছাৰৰ হাতত )
------------------------
মঞ্জিত হাজৰিকা
নকছাৰি, যোৰহাট

সূৰুযমুখী বাট এটাৰে বাট বোলাই আহিল তেওঁ
জলফাই ৰঙী হৃদয়খনি
শৰতৰ স্নিগ্ধতাৰে উপচাই

তেওঁৰ কান্ধত এখন মোনা আছিল
জেপত এটা কলম
বুকুত.....
এন্ধাৰক ক'লা বুলিয়ে আঁতৰি আহিব পাৰিনে ?

নেৰুদাই কি কৈ পঠিয়াছিল তেওঁক ?
হ'মাৰে কি দি পঠিয়াইছিল তেওঁক ?
ওৰ্ৱড‌ছৱৰ্থে ......
কবিতাই যেন কবিৰ বাবে ৰৈ আছিল অধীৰতাৰে
নিপুণ খনিকৰৰ নিপুণতাত সজাই তুলিবলে নিজকে
শব্দৰ খনিকৰে শব্দৰে খেলে
প্ৰাণ পায় নিৰ্ভুল ভাস্কৰ্য

বাঁহতলীয়া বাট এটাৰেও উজাই আহিব পাৰে উশাহ
যদিহে পাৰি দিয়া হয় তাত ফুলৰ দলিচা

কবিয়ে কবিতাৰে কয় কবিতাৰ ভাষা
গোলাপী জামুনৰ ৰং লাগি
মাতৃভাষা হয় গুলপীয়া।।।


পৃষ্ঠাঃ ২৮
নৈ নীলকণ্ঠী
--------------------------------------------------------------
দ্ৰোণালী তালুকদাৰ,
বহৰি, বৰপেটা

হেজাৰটা প্ৰশ্ন সময়ৰ
ঢুকি নোপোৱা তাৰ উত্তৰ,
কি যে পৃষ্ঠাজোৰা পত্ৰ এইয়া!
নিজৰ মাজতে আঁটি আঁটি বান্ধিছে সি।

"উফন্দা বুকুৰ 
ফোঁপোলা ঢৌ,"
কোনে খান্দিব আজি সেই নৈ ?

আৰ্তনাদৰ কোঁহা কোঁহে সৰি পৰা
সেই কণ্ঠস্বৰ
তাৰ বুকুৱেদি বগাই যায়,
আৰু সি নীৰৱে চায়।

দাঁতিত চিটিকনি হেঁপাহৰ,
বিচাৰোঁতা যে হেৰাল!
হায়! বিচাৰোঁতা যে হেৰাল!

টোপ টোপকৈ বাগৰি অহা টোপালবোৰ,
উজাগৰী নিশাৰ হাঁহাকাৰবোৰ,
বলিয়ালিৰ দিনবোৰ,
আৰু
সেই স্বাভিমানী হেংদাংৰ খবৰবোৰ
সকলো তাৰ বুকুৱেই সামৰিছে।

সেয়েহে আজি নীলা,
চাৰিওদিশে,
নৈ নীলকণ্ঠী ।


পৃষ্ঠাঃ ২৯
সময়ে সনা জীৱনৰ ৰং
------------------------------------------
ৰূপজ্যোতি হাজৰিকা দত্ত।

 সেউজীয়া পথাৰত পিতাইৰ পাছে পাছে পিট‌্পিটাই ফুৰোঁতে
কেঁচা আলিত বহি সানিছিলো  জীৱনত সেন্দূৰীয়া ৰং
 বোকা আৰু পানীৰ মাজতে 
গাজ ফুটি পাহি মেলি ফুলিছিলো
 ভাবিছিলো জীৱনটোও এদিন ছাগে সুগন্ধি ফুলৰ দৰে  গোন্ধা
 চৰণীয়া পথাৰখনত সমনীয়া সৈতে চেঁচু খান্দি থাকোতে
পদূলিমুখৰ কলপুলিটোৱে
 মোক দেখি  চক খাইছিল
  আয়তীৰ উৰুলি ধ্বনিত মই যাক দৰা বুলি খিলখিলাই হাঁহিছিলো 
 অবুজ মনেৰে দুহাতেৰে সানি দিছিলো
 কেঁচা কেঁচা গোন্ধৰ এবাটি মাহ হালধি
 লাহে লাহে কলপুলিটো সেউজীয়া হৈ উঠিছিল
জীৱনৰ ৰঙবোৰ মুঠি মুঠিকৈ ঘঁহোতে  এদিন মই শেঁতা পৰিলো
  মই দুহাতে ৰঙবোৰ ঘঁহিব খোজোতেই
চপৰা চপৰে মেঘবোৰ খহিছিল
প্ৰৱল সোঁতে মোক উটুৱাই লৈ গৈছিল
 মই হেৰাই গৈছিলো ভটীয়নী নদীত
কেতিয়াবা নদীৰ ঢৌত ওপঙি থাকো
কেতিয়াবা তপত বালিচৰত পৰি থাকো 
চৰাই -চিৰিকটি মাতত 
সাৰ পাই দেখো
মোৰ শেঁতা ৰঙবোৰ নাইকীয়া হৈছে 
নদীৰ প্ৰৱল সোঁতত ঢৌৱে ঢৌৱে খেলোঁতে 
মোৰ দেহাত এতিয়া মাথোঁ পানীৰ ৰং..... ।


পৃষ্ঠাঃ ৩০
অৰণ্যৰ অভিনৱ সত্তা
---------------------------------------------------------------
অপূৰ্ব শৰ্মা বশিষ্ঠ
দেওমৰনৈ,দৰং

সপোনবোৰত
সেউজীয়াৰ ৰহন সানি
পখীৰ কাকলিৰ সতে খোজ কাঢ়ে
একাপ গৰম চাহত ভৱিষ্যতৰ ছবি আঁকি।

তেওঁ এখন পৃথিৱী দিব আমাক
য'ত উজ্জ্বল ৰ'দ
সেউজীয়াৰ প্ৰেমত বাউলি হ'ব,
আৰু সেই সেউজীয়াবোৰো 
আদ্যন্ত চিৰশ্বাশ্বত হ'ব
মানুহ আৰু প্ৰকৃতিৰ বাবে।

এটি পুৰণি চোলা 
অওচেলাই দেহত ওলমাই
তেওঁ সেউজীয়াৰ সমাৱেশলৈ ধাৱমান হয়..
ভৰিখনত তেওঁৰ মাটিৰ জীপাল গোন্ধ
হৃদয়খনতো বুটা বছা সেউজীয়াৰ অকৃত্ৰিম সপোন;
এই সকলোবোৰ তেওঁ অংকুৰিত কৰে 
গছ,পাত আৰু অৰণ্যৰ কবিতাত।

এইদৰেই থাকে তেওঁ
ভাৰ্চুৱেল আগ্ৰাসনৰ পৰা দূৰত
বৰলুইতৰ বুকুৰ মুলাই কাঠনিৰ
চিৰশ্যামল নিৰভ্ৰ কোলাত।

আবেলি বেলিৰ বিদায়ত
মাটিৰ সুবাসবোৰ গাত সাৱটি
তেওঁ উভতে,
তেওঁ নিবিচৰা বন্দীত্বৰ ঠিকনালৈ

পৰিশ্ৰমৰ টুকুৰাবোৰত
নতুন পৃথিৱী নিৰ্মাণৰ হাবিয়াসত
আৰু একান্ত‌ই নিজক নিজৰ কৰাৰ যুঁজত।
জোনাকে ৰহধলা নিশাবোৰত 
তেওঁ আৱদ্ধ হয়,
আপঙৰ মায়াত।

এইদৰেই তেওঁৰ জীৱন উৎসৰ্গিত
নিজেই নিজৰ জীৱনক লৈও তেওঁ ধন্য!
মাথোঁ তেওঁ চিনি পাই
অৰণ্যৰ আৱেগ,
ৰ'দ কাঁচিয়লিৰ স্বাগতম
আৰু সেউজীয়াৰ হাঁহি
সেয়ে তেওঁ অৰণ্যৰ মানৱ
অৰণ্যৰ অভিনৱ সত্তা যাদৱ পায়েং।
 

পৃষ্ঠাঃ ৩১
আশাত ওমলে উশাহ
------------------------------
বৰষা মহন্ত,
দক্ষিণ কামৰূপ

সেৰসেৰীয়া এজাক
 সপোনৰ বোজা।
 ভমকাফুলীয়া চানেকিত
কমলাবুলীয়া ৰংবোৰ পৰি ৰৈছে
জগা কাঠ হৈ।

সপোনবোৰৰ মাজতে
অগা-ডেৱা এধানিমান উশাহৰ
এয়া সাঁজ লগা সময়
ধাউগেৰি মাৰি সোমাই আহে
কালধুমুহাজাক
আকাশৰ বুকুত
এজাৰৰ পাতবোৰ উৰি উৰি 
সৰি পৰে মোৰ দুহাতত।

আশাবোৰ বুকুত বান্ধিছোঁ।
হয়তো সময়ৰ ওভতনি সোঁতত ব'ব
এচেৰেঙা ৰ'দত গলিয়ন হ'ব
এটা নেকেৰা সপোন
এঙা-জেঙা সপোনটোক
 কাষ চপাই
মুঠি মাৰি ধৰি ক'ম
এয়াই মোৰ আশাৰ
অন্য এক উশাহ।।


পৃষ্ঠাঃ ৩২
আৰম্ভণি যাত্রা
-------------------------------------------------
প্ৰাঞ্জনা ডেকা
দৰং

উন্মনা মনৰ
    ঠিকনা আপুনি,
আৰম্ভণি ভাললগা
     নিবিচাৰো অন্ত ইয়াৰ |

আপোন-আপোন
     ভাললগাৰ সুখ,
আপুনি ভালে থাকক
      প্ৰেমৰ দলিচাৰে
       আৱৰি ৰাখক |

কল্পনাবোৰ জানো দিঠক হ'ব ?
যদি আপুনি বিচাৰে
নহ'ব শেষ এই যাত্রা,
হৃদয় আৰু হৃদয়ৰ মিলন হ'ব
এই প্ৰেম জন্ম জন্মান্তৰলৈ ৰ'ব
আপোনাৰে হ'ব |


পৃষ্ঠাঃ ৩৩
বিজয়ৰ গান
---------------
ময়ুৰিকা বৰা
বোকাখাত

হয়তো.....
   হয়তো জীৱশ্ৰেষ্ঠ মানৱৰ দানৱতাৰ বাবেই,
       বিবেক অধিকাৰীৰ তিক্ততাৰ বাবেই
           কৰুণ মৃত্যু আজি দুৱাৰদলিত।

প্ৰকৃতি আজি বিষাদহীন
   সেউজীয়াখিনি বুকুতে গুজি
       বন্দীহীন পক্ষীগণে আজি
           মুক্তমনে নাচিছে
              গাব ধৰিছে বিজয়ৰ গান।

পৰাজিত মানৱতাহীন মানৱ।

নিমাত প্ৰাণীৰ বন্দীৰ হেতু
   মানৱে সজা কাৰাগাৰত আজি,
       মানুহৰূপী অমানুহেই গণিছে
          আগন্তুক মৃত্যুৰ ক্ষণ প্ৰতিক্ষণে।

ধৰিত্ৰীজনী যে আজি চিকমিকাই উঠিছে,
    ম্লান হোৱা তাইৰ ৰূপ যৌৱনে আজি
       আকৌ নতুন সাজ পিন্ধিছে।
          মৃত্যু হোৱা প্ৰকৃতিৰাণীয়ে
              আকৌ প্ৰাণ পাই উঠিছে।

এয়াই অন্যায়ৰ ন্যায়।

হয়তো জীৱশ্ৰেষ্ঠ মানৱৰ দানৱতাৰ বাবেই
    বিবেক অধিকাৰীৰ তিক্ততাৰ বাবেই,
        কৰুণ মৃত্যু আজি দুৱাৰদলিত।


পৃষ্ঠাঃ ৩৪
সময়
...........................
বন্দনা বনশ্ৰী মহন্ত
দক্ষিণ কামৰূপ(মিৰ্জা)

সময়
এতিয়া ক'ত হেৰাল ?

এখিলা শুকান পাতত ৰৈ যায়
সময়ৰ ছবিবোৰ…
কোঠালি আজি নিস্তদ্ধ।

নিস্তেজ কুঁৱলিৰ ফাঁকেৰে
ক'ৰ পৰা জানো আহিল
এটি চেঁচা হাঁহিৰ সোৱাদ।
শুনা পাওঁ তাত
ৰিণিকি ৰিণিকি বাজি থকা
মৃদু মধুৰ ৰাগৰ ধ্বনি।

খিৰিকি খন মেলি চাই দেখিলো
সেই মদাৰ গছ জোপাত
দুটি চৰাইৰ কথাৰ মেল
বাহ: কি চাবা
সিহঁত যেন সিহঁতৰে পৃথিৱীত মগ্ন…।
বৰ ভাল লাগে সময়বোৰ…
তাৰ মাজতে বিচাৰোঁ
পাহৰণিৰ মাজত হেৰাব খোজা
সময়ৰ খোজ…।


পৃষ্ঠাঃ ৩৫
মই  আছোঁ  (কথা কবিতা)
-----------------------------------------------------------------------
শ্যামলিমা কাকতি

মই যে সকলো দেখি আছোঁ !
পিতাইৰ খংটো এতিয়াও কমা নাই, মায়ে দিয়া জলপান,
অকণো মুখত নিদিয়াকৈয়ে
পথাৰলৈ বুলি ওলাই গৈছে।
শুদা মুখে, ভূঁই ৰুবলৈ!

মই সকলো দেখা পাইছোঁ!
হাতত দৈ-চিৰাৰ বাটিতো লৈ,
মা, চোতালৰ একোণত থকা
মুঢ়াটোত বহি আছে।
ভাইটিয়ে, চিঞৰি চিঞৰি স্কুললৈ যোৱাৰ কথা কৈ গৈছে, তথাপি মাৰ দৃষ্টি তাৰ ওপৰত পৰা নাই। জপনাখনৰ কাষত থকা, নাৰিকল গছজোপালৈ চাই,
কি জানো ভাবি আছে তেওঁ!

মই সকলো দেখা পাইছোঁ!
আইতাই তামোল খুন্দা
খুন্দনা মাৰিডাল বিচাৰি,
ঘৰটোৰ চাৰিকোণ ভ্ৰমি,
মালৈ কৰা প্ৰশ্নৰ উত্তৰ নোপোৱাত, মুখেৰে ভোৰভোৰাই, "মাকৰ লক্ষণে জীয়েকৰ গাত"।

ৰাতিপুৱাৰ ফিকা চাহ কাপ দিওঁতে, তুমি মোক মাত দিয়া নাছিলা মা! মইনা, মাজনী বুলি, তোমাৰ এষাৰ মাতে মোক যুঁজিবলৈ সাহস দিয়ে!
সেই সাহস আজি নাপালোঁ।

ঘৰৰ ডাঙৰ হলোঁ, বুলিয়েই
বলিদানৰ পুতলা হ'ব পাৰিমনে? যিমান শিকিব দিলা, সিমানে শিকিলোঁ,
ভাই-ভনী দুটাৰ বাবে
শিকাৰ পথ মুকলি কৰিলোঁ।
বুজি পাওঁ, শিক্ষাৰ বাঢ়ি অহা খৰচ ঘৰখনৰ বাবে সম্ভৱ নহয়। মই অলপো দুখ কৰা নাই মা।

তথাপি কোৱাচোন,
কুৰিটা বছৰ হ'ল বুলিয়ে,
বুঢ়ী হৈ গ'লোনে বাৰু?
কিমান যে সপোন দেখিছিলোঁ,
আজিও দেখোঁ,
নিজকে তোমালোকৰ সহায়ক ৰূপে।
সেয়া জানো,
ভুল সপোন আছিল কোৱা?

শৰতৰ শেৱালিৰ সুবাসতো,
ভৰি পিচলা নাছিল,
সমনীয়া সকলৰ দৰে;
মোৰো জানো মন নাযায়!
তথাপিও ডাঙৰ হোৱাৰ দায়িত্ব
ভালকৈয়ে বুজি পাওঁ।
তেন্তে তোমালোকে কিয় নুবুজিলা?

ঘৰৰ একমাত্ৰ ল'ৰা,
চৰকাৰৰ চকীদাৰি চাকৰি;
কৰ্ম অবিহনে ঘৰখন উভৈনদী;
সচাকৈয়ে লোভজনক প্ৰাৰ্থী।
মই ওপজা দিনটোত হয়তো তেওঁ, মোৰ বৰ্তমান বয়সৰে আছিল! নিঃশব্দে মানি লৈছিলোঁ, তোমালোকৰ বিবেচনা!

তথাপি কিয়, সময় অলপ নিদিলা? তোমালোকৰ লগত আৰু দুটামান বছৰৰ সুখ ল'বলৈ! মইনো কিমান বেছি খুজিছিলোঁ! আৰু কিছু মূহুৰ্ত ধৰি ৰাখিবলৈ মন আছিল, সিমানেই!

মই সকলো দেখা পাইছোঁ!
তুমি, হঠাৎ কিবা মনত পৰাৰ দৰে, ঘৰৰ পিছফালে থকা,
স্নানঘৰটোৰ পিনে বেগাই গৈছা। 'মাজনী, মাজনী' বুলি দুৱাৰখনত জোৰেৰে কোবাইছা। এঘন্টা অধীৰ অপেক্ষাৰ পিছত
তোমাৰ মাতষাৰ পালোঁ,
সেয়েই বহুত মোৰ বাবে!

মা, তোমাৰ চিঞৰ শুনি
আইতায়ো লাখুটিৰ সহায়ত,
ঘৰৰ পিছফাল পাইছে।
কাষতে থকা তৰণী খুৰা দৌৰি আহিছে, "কি হ'ল বৌ", বুলি।
খুৰাই ভৰিৰে মাৰি মাৰি,
দুৱাৰখন ভাঙি দিলে।
পলকতে তুমি অচেতন হৈ পৰিছা মা; মোৰ নিঠৰ দেহটো ওলমি থকা দেখি।

তোমাক কেনেকৈ সাৰ পোৱাওঁ কোৱা!
হাতত দেখোন পানী উঠি নাহে; কেনেকৈ সহায় কৰোঁ কোৱা? সকলোৱে কিয়,
এনেদৰে চিঞৰ বাখৰ কৰিছে? মা, মই কলৈকো যোৱা নাই, চোৱা!
মই যে এতিয়াও সকলো
দেখা পাই আছোঁ।।


পৃষ্ঠাঃ ৩৬
সুখৰ চৰাই
-------------------------
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ

অ' সুখৰ চৰাই 
বেঙেনা গছত কাপোৰ থৈ  দেও দি দেও দি হ'লেও ভুমুকি মাৰনে তই উৰুখা  হৃদয়ৰ সূৰ্যমুখী জুপুৰীলৈ

তাই ক'লে

 কি গৰজনো পৰিছে 
 সুখৰ  অসুখী জালত  নিজকে হেৰুৱাবলে।


পৃষ্ঠাঃ ৩৭
আজাৰ
-------------------
বিনীতা লস্কৰ
পশ্চিম কাৰবি আংলং

উন্মাদ বসন্তৰ ভাঁজত 
বেদনা বুকুত বান্ধি,
আকাশ উন্দোলাই বিৰিঙে
আজাৰৰ বেঙুনীয়া হাঁহি। 
বিষাদৰ আঁচলত
ৰহস্য লুকুৱাই 
ধূসৰ পৃথিৱীত
 সৌন্দৰ্য্য বিয়পাই
সাদৰৰ সোৱাদ বিচাৰি
 শীতল বা ছাটিৰ লহৰত
এপাহি দুপাহিকৈ খহে
আজাৰৰ কোমল পাহি।


পৃষ্ঠাঃ ৩৮
এটা আশাৰ পলসুৱা কবিতাৰ সন্ধানত
-------------------
নিহাল গগৈ
শিৱসাগৰ

বৰশীটো পেলাই দিছোঁ
শব্দৰ মেটমৰা পুখুৰীত
অভিজ্ঞতাৰ তপত মন্ত্ৰপূত শব্দ
এটা এটাকৈ চিপ মাৰি তুলিছোঁ

তপত মন্ত্ৰপূত শব্দ !
জীৱন জিনিবলৈ
দূৰ্বাৰ হেপাঁহ, ব্যাধি ৰুধিবলৈ

এতিয়াতো কাতৰ বাউলি ৰাধা 
কৃষ্ণ হেৰাল.....
অন্ধকাৰ গৰ্ভত গজালিৰ উকমুকনি 
চৌপাশে বিয়পিছে গভীৰ অনিশ্চয়তা

বাদুলি ৰাতি ফুৰে 
মুঠে শেষ জাতিকল থোকা 
বৰ আশা আছিল 
ন - দিনৰ শৰাই এভাগীৰ

তেজে ৰঙা গোলাপ পাহ কলিতে মৰহিল
শোকত বিহ্বল
কাঁইটিয়া ডালটোৱে আচোঁৰি লৈ গ'ল
জীৱনৰ ৰঙবোৰ

সপোন পৰীৰ নিচুকনি
হাতত এখিলা সৰাপাত 
তাতে আঁকিছে স্নিগ্ধ ছায়া
সেয়া সময়ৰ সৰ্তকতা
গাত পিন্ধি লৈ সমস্ত শক্তি
শেষ ৰাতি খেলখন তুমিয়ে তৰিবা

জোনাক কোমল, কৌতূহলী
হ'লেও উচুপিছে আন্ধাৰ
মৃত্যু এতিয়া নদীৰ সোঁত 
কেৱল বৈ যায় আৰু বৈ যায়

সময়ে তেজৰ সোঁতত থাকি
সুৰুযৰ ন-ৰূপৰ আভাস খুজিছে
সেয়ে সূবৰ্ণ সূৰ্য্য গৈ বিচাৰি আনিব 
মহাৰ্ঘ্য সঞ্জীৱনী

তেতিয়ালৈ হয়তো বসন্ত আহিব
বিহংগই বিমূৰ্ত নীলাভ অাকাশত নৃত্য কৰিব
কোনো কবিৰ কলমত প্ৰাণ পাব
প্ৰেমৰ লাজ লাজ এমুঠি ক্ষণ

তাত স্বপ্নৰ ৰক্তনিটোল শৰীৰে
যাদুকৰী ৰাতি, চিলমিল টোপনিত
আচ্ছাদিত কৰিব জীৱন উৎসৱ

মন্ত্ৰ যজ্ঞৰ তন্ময়তা ভাঙি
দিঠকৰ মন্ত্ৰপূত শব্দবোৰ খালৈত ভৰালোঁ
বৰশীটো বৰচাং খনত আটোম-টোকাৰি কৈ তুলিলোঁ
কেতিয়াবা ন ৰূপত আকৌ বিচাৰি চাম 
এটা আশাৰ ফৰকাল কবিতা।


পৃষ্ঠাঃ ৩৯
জয়মতী
-------------------
কৰিস্মা তালুকদাৰ
 টিহু কলেজ

সতী তুমি 
তুমিয়েই জয়মতী।
পতি আৰু দেশৰ হকে ত্যাগিলা জীৱন 
সতীত্বৰ তেজেৰে ইতিহাস ৰচিলা।
জেৰেঙা পথাৰত তুমি দিলা আত্মবলিদান
হে নাৰী প্ৰণামো তোমাক
ধন্য ধন্য তোমাৰ জীৱন।


পৃষ্ঠাঃ ৪০
অপেক্ষা
-------------------
বন্দিতা তালুকদাৰ

উশাহবোৰ ক্ৰমান্বয়ে ঘন হৈ আহিছে, 
পল দুপলকৈ যেন সময়বোৰ শেষ হোৱাৰ দিশে,
ইটো সিটো বহুতো সপোন এতিয়া 
জঠৰ মুহূৰ্তৰ শৰশয্যাত, 
আঁক-বাঁক কৰা কথাবোৰ মাথোঁ অজুহাত।
টক্ টক্ টক্! 
সময়বোৰ এতিয়া মৃত্যুদূত,
কথাবোৰ, কথাবোৰ তেনেকৈ নকবা,
তেওঁ সাৰ পাই যাব।
এই যে এলান্ধু লগা আউসী সময়
এয়াতো আন কোনো নহয়
এয়া তোমাৰ, মোৰ, আমাৰ অন্যায়ৰ প্ৰতিৰোধক।
হৃদযন্ত্ৰৰ ধপ‌্ধপনিত উচপ্ খাই নুঠিবা
হৃদযন্ত্ৰ বন্ধ হ'লে চিধা হ'ব জীৱনৰ ৰেখা!
উহোঁ নালাগে.... 
চিধা ৰেখা মোৰ প্ৰিয় নহয়
তেৰা বেঁকা জীৱনৰ এই ৰেখাডালতে 
মোৰ সপোন, মোৰ হাঁহি,
নধৰোঁ আৰু সময়বোৰক
আৰু কেতিয়াও নকওঁ,
"সময়বোৰ ৰৈ যোৱা হ'লে...."
এক দুই তিনি 
আকাশৰ ৰঙীন পৃষ্ঠা খন এতিয়া
ডাৱৰীয়া, এন্ধাৰ
অপেক্ষা..বৰষুণ জাক গ'লে আকাশখন পোহৰ হ'ব
এতিয়া মাথোঁ অপেক্ষা....।


পৃষ্ঠাঃ ৪১
ৰামধেনু
-------------------
পৰিস্মিতা নাথ
নগাওঁ

থমকি ৰ'ল তিক্ততাৰ নৈত বিসৰ্জন দিয়া  ম্লান হৃদয়খনি,
আৱদ্ধ হ'ল সেই ক'লা ৰঙৰ ফ্ৰেমৰ  চশমাযোৰৰ আৰঁত, অযুত সপোনৰ
প্ৰতিছব্বি জিলিকা সেই চকুযোৰৰ প্ৰেমত । পৰাজিত হৈ গলো নিজৰ প্ৰতিজ্ঞাবদ্ধ
 হৃদয়ৰ ওচৰত । 

 তেওঁ যেন এই অভাগিনীৰ জীৱনত
 ৰং ঢালিবলৈয়ে বাট চাই আছিল ।          
আন্ধাৰত জিলিকিব নোৱাৰে হাঁহিৰ পাপৰি
সেই কথা পলে পলে অনুভৱ কৰাইছে ।

 সমাজৰ বিৰ্বৰতা আৰু সমালোচনাৰ 
তীক্ষ্ণ নখেৰে নেফানেফ্‌ কৰা 
 মনোঃহৃদয় খনৰ ক্ষত-বিক্ষত 
অংগবোৰক যেন তেওঁ যতনাই 
দিয়া মৰমৰ মলম কণৰহে 
প্ৰয়োজন আছিল। 

ডাৱৰে আৱৰি থকা মোৰ মনৰ বিশাল আকাশখনেও যেন তেওঁৰ দৰে 
সাতোৰঙী ৰামধেনু এখনিলৈহে 
বাট চাই আছিল । 
 
গোলাপ ফুলৰ থোপাতকৈ এপাহ বেলিফুলেৰে কেনেকৈ শুষ্ক হৃদয়ৰ মৰুভূমিখনলৈ আনন্দৰ নৈ বোৱাই আনিব পাৰে তেওঁ জানে । 

বিৰহৰ ঘন শাখাত পোত যোৱা
শিশুসুলভ মনটোক আজুৰি আনি  
আকৌ এবাৰ পৃথিৱীখন ন ৰূপত চিনাকি কৰাই দিয়াৰ বাবে অশেষ ধন্যবাদ
তেওঁলৈ ।।


পৃষ্ঠাঃ ৪২
ইতিহাসে কথা কয়
-------------------
প্ৰিয়ংকা বৰা
হোজাই

ক্ষণভংগুৰ জীৱনৰ সুখ দুখ ফেনেকি 
ইতিহাসে কথা কয় বহু কথা....
ভাবি ভাল নলগা দুখবোৰ 
ৰাজকাৰেঙত লগা একুৰা জুই,
সুৰামত্ত কোঁৱৰৰ কোঠাত 
নৰ্ত্তকীৰ কেঁচা মঙহৰ গোন্ধ,
ৰাজকীয় অহংকাৰ

সভ্যতাৰ আঁৰত প্ৰতিশোধৰ অগ্নিত জ্বলি 
 আত্মসন্মান, 
অহংকাৰ, 
ভালপোৱা 
সকলো কেৱল ক্ষমতাৰ লিস্পা
দেওলগা সময়ৰ অভিসন্ধি 
তেজৰ চেকুৰা

পৰম্পৰাৰ অস্তিত্ব ৰক্ষাৰ বাবে নিজকে জলাঞ্জলি দিয়া সুখবোৰ,
প্ৰভূত্ব বিস্তাৰৰ বাবে কটিপেলোৱা মূৰবোৰ
এটা বিষাদৰ টোপোলা

ইতিহাস
পুৰাতন পৃথিৱীৰ দাপোন
তেজৰ বন্যাত সাঁতুৰি সুখৰ দৰিকনা ধৰা বৰশী

ইতিহাসে কথা কয়
কিছুমান ভাল নগলা কথা.....।।


পৃষ্ঠাঃ ৪৩
এটা প্ৰেমৰ দিনৰ বাবে
-------------------
অমৃত শইকীয়া

মোৰ উকা কপালত
এতিয়াও হাত ফুৰাই আছে
তোমাৰ আঙুলিৰ দহোটা জোনে।

মোক এদিন মৰিবলৈ দিয়া
তোমাৰ অশ্ৰুৰ শীতল সমাধিত
আৰু এদিন মোক জীয়াই থাকিবলৈ দিয়া
তোমাৰ পাষাণ হৃদয়ৰ কঠিন উত্তাপত।

ঘূৰি ঘূৰি তোমাৰ বুকুৰ 
বিমল শূন্যতাত
ঢলি পৰে 
মোৰ প্ৰথম প্ৰেমৰ জোন।


পৃষ্ঠাঃ ৪৪
কথাবোৰ
-------------------
ত্ৰিদিৱ জ্যোতি নেওগ
আমগুৰি ,শিৱসাগৰ

তই দেখুওৱা বাটেৰে 
আগুৱাই গ'লো
হেঁপাহ তৰাফুল চোৱাৰ

দিনবোৰ পকাধান হ'ল
তেতিয়াৰ কথাবোৰ এতিয়া 
তোৰ বাবে বিস্মৃত উপত্যকাৰ 
বালিয়ে পোতা নদী
আবেলিৰ জ্যামিতিত 
সমান্তৰাল ৰেখা হৈ 
ওলমি ৰয় সুৰীয়া জীৱন

ৰেলগাড়ীৰ উকিত 
নীলাবোৰ হৈ উঠে সেউজীয়া 
এজাক কোমল বতাহৰ সুহুৰিত 
গানবোৰ হৈ উঠে  
জীৱন জুৰোৱা ঠিকনা


পৃষ্ঠাঃ ৪৫
কাঞ্চনমতী
-------------------
দীপালী শইকীয়া গগৈ
আমগুৰি

অপৰূপ ৰূপ লাৱণ্যৰ
সুন্দৰী কাঞ্চনমতী তাই
ভাল পাই বকুলৰ সুগন্ধি
তলসৰা বকুলৰ সুৰভিৰ
দৰেই সুৰভিত তাইৰ
মানস হৃদয় উপবন ,
তাইৰ সৌন্দৰ্যই লগালে
খলক নন্দনপুৰত
কণমানি কলিজাখন 
আঁজুৰি আঁজুৰি তাইক কৰিলে
বাকৰূদ্ধ, চেতনাৰহিত জড়
কেনেকৈ জীয়াই থাকিব 
অমানুহেৰে ভৰপূৰ এই মুলুকত
হৃদয় ভাঙি খণ্ড-বিখণ্ড কৰি
পালে কি নৰাধমহঁতে
বিকৃত মানসিকতাৰ 
মানৱৰূপী দানৱবোৰে
সুন্দৰ ধৰণীক অসুন্দৰ
কৰি তুলিছে ক্ৰমশঃ......


পৃষ্ঠাঃ ৪৬
অৱলোকন

সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ
বৰ্ণাঢ্য জীৱনত এভুমুকি

বীণা বৰুৱা
জাঁজী, জামুগুৰি।

  জীৱন কালতে এক বিশ্ব বিশ্ৰুত প্ৰতিভাৰ আঁকৰ ৰূপে জনমানসত প্ৰতিষ্ঠা লাভ কৰা সংগীত সূৰ্য্য ড: ভূপেন হাজৰিকা দেৱৰ চিনাকি মাথোঁ এজন গীতিকাৰ সুৰকাৰ বা কণ্ঠশিল্পী ৰূপে দিলে তেখেতৰ বৰ্ণাঢ্য শিল্পীসত্বাৰ মাত্ৰ এটা দিশ হে প্ৰতিভাত হৈ উঠে।সাগৰ সংগমত সাঁতুৰী নাদুৰি কেতিয়াও ভাগৰি নপৰা যাযাবৰী শিল্পী জনৰ সৃজনী প্ৰতিভা প্ৰকৃততে দেশৰ পৰা মহাদেশলৈ পৰ্বত কন্দৰৰ পৰা সুবিশাল জলধিলৈ এনেদৰে পৰিব্যাপ্ত হৈ আছে যে সমাজত মানুহ থকালৈকে তাৰ সুবাস আকাশে বতাহে সুৰভিত হৈ থাকিব ।এটি চমু লেখনিত তেখেতৰ বৰ্ণিল জীৱন চৰ্যাৰ আলোক পাত কৰিবলৈ যোৱাটো সিন্ধুত বিন্দুৰ সন্ধান কৰিবলৈ যোৱাতকৈও দুৰূহ। এইলেখা তেখেতৰ প্ৰতি এক শ্ৰদ্ধাৰ অঞ্জলী মাথোন।
       1926 চনৰ আঠ ছেপ্টেম্বৰ তাৰিখে শদিয়াত জন্ম গ্ৰহণ কৰা হাজৰিকা দেৱৰ শিশু জীৱন মুকুলিত হৈছিল গুৱাহাটীৰ ভৰলু মুখৰ ককাক-আইতাকৰ ঘৰখনত।সংগীতমুখৰ এটি পৰিবেশত ডাঙৰ হোৱাৰ বাবেই মাত্ৰ পাঁচ বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলৰ এখন সভাত হাৰমনিয়মসহ গীত পৰিবেশন কৰি আশীৰ্বাদ পুষ্ট হৈছিল সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ। তদুপৰি এঘাৰ বছৰতে মহাপুৰুষ শংকৰদেৱৰ ওপৰত এটি অপূৰ্ব গীত ৰচনা কৰি নিজৰ সৃষ্টিশীলতাৰ পৰিচয় দিয়া হাজৰিকা দেৱৰ যাযাবৰী জীৱনৰ আৰম্ভনী হৈছিল শৈশৱতেই । সৌভাগ্যৰ কথা যে দেউতাকৰ চাকৰি সূত্ৰে শদিয়া গুৱাহাটী ধুবুৰী তেজপুৰ আদি বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে তেখেতে বিভিন্নজন বিশিষ্ট লোকৰ নিকট সান্নিধ্য লাভ কৰিবলৈ সমৰ্থ হৈছিল আৰু এই কাৰ্যই তেখেতৰ জীৱনটোক বৰ্ণ ময় কৰিহে তুলিছিল। তেজপুৰ গবৰ্ণমেণ্ট হাইস্কুলত পঢ়ি থাকোতে এটি ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰি তেওঁ দৃষ্টি গোচৰ হৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মা দেৱৰ। তাতেই হাজৰিকাদেৱৰ অসাধাৰণ প্ৰতিভাৰ উমান পাই এই কেইজন সংগীত প্ৰাণ ব্যক্তিয়ে পিতৃৰ অনুমতি সাপেক্ষে শিশু ভূপেনক কলিকতালৈ লৈ যায়  গীত ৰেকৰ্ডিঙৰ বাবে। এই যাত্ৰাৰ দ্বাৰাই যেন তেখেতৰ সুৰীয়া যাত্ৰা আৰম্ভ হল।জ্যোতিপ্ৰসাদৰ প্ৰশিক্ষণেৰে গীত শিকি এছিয়াৰ সৰ্ববৃহৎ ৰেকৰ্ডিং কোম্পানী হিজ মাষ্টাৰছ ভয়ছ কোম্পানীৰ দ্বাৰা শোণিত কুঁৱৰী আৰু জয়মতী নাটকৰ গীত ৰেকৰ্ডিং কৰিলে কিশোৰ ভূপেন হাজৰিকাই। ৰেকৰ্ডিং কৰিলে ৰাভাদেৱৰ ৰচিত কাষতে কলসী লৈ, উলাহেৰে নাচি বাগি হলি বিয়াকুল আদি গীত।
                  তেখেতে আত্ম জীৱনিতেই উল্লেখ কৰিছে যে এইদুজন ব্যক্তিৰ পৰশ নোপোৱা হ'লে হয়তো তেওঁৰ গীত বাথ ৰূমতেই সোমাই থাকিল হেতেন।
    যেইকি নহওক পৰৱৰ্তী সময়ত শিল্পী জনাই ক'তো কেতিয়াও পাছলৈ উভতি  নোচোৱাকৈ সমাজলৈ কেৱল আগবঢ়াই গ'ল তেখেতৰ অমৰ সৃষ্টি সমূহ। কটন কলেজৰ পৰা ইন্টাৰ মেডিয়েট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত  পৰিস্থিতিৰ তাড়নাত বেনাৰসৰ কাশী বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈ তেখেতে লগ পালে ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণনৰ দৰে প্ৰতিভা সম্পন্ন দর্শনিকক আৰু হেমাংগ বিশ্বাসৰ দৰে জন নেতাক। কাশী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ উপাধি লৈ কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ গৈ প্ৰভাৱিত হ'ল পল ৰবছনৰ দৰে কৃষ্ণাঙ্গ সকলৰ তথা সৰ্বহাৰা সকলৰ মুক্তিৰ বাবে গীত গোৱা গণ শিল্পীৰ দ্বাৰা।এই সকলোবোৰ ঘটনাই তেখেতকো গঢ় দিলে এজন  গভীৰ মানৱতাবাদী শিল্পী ৰূপে।


পৃষ্ঠাঃ ৪৭

এনেদৰে জীৱনৰ বুনিয়াদ গঢ়ি তোলা হাজৰিকা দেৱে সময়ৰ দাবী মানি যেতিয়াই প্ৰয়োজন হৈছে তেওঁৰ ধাৰাল কলমেৰে তেজোদীপ্ত গীত লিখিছে কণ্ঠৰ মাধুৰী সানি উদ্দাত্ত কণ্ঠে গাইছে , জাতীয় সমস্যা বোৰৰ প্ৰতি মানুহক সচেতন কৰিছে নতুবা পাহাৰ ভৈয়ামৰ লোকক একতাৰ এনাজৰীৰে বান্ধিছে। সুৰৰ মায়াত বন্দী হৈ যাযাবৰী জীৱন কটোৱা শিল্পীজনে য'তেই মানৱ প্ৰেমৰ ৰসসিক্ত ৰঙৰ খনিৰ সন্ধান পাইছে তাৰ পৰাই ৰং বুটলি বিশ্ব মানৱৰ মাজৰ বিলাই দিয়াৰ প্ৰয়াস কৰিছে। কাৰণ তেওঁৰ একমাত্ৰ সপোন হ'ল মানুহৰ মাজৰ পৰা দানৱীয়তা আঁতৰাই মানৱীয় মূল্যবোধ সম্পন্ন এখন সুন্দৰ সমাজ গঢ়াৰ সপোন। তেখেতে নিজেই  কৈছে যে, মানৱ সাগৰৰ অভিযাত্ৰী ৰূপে দিহিঙে দিপাঙে লৱৰি ফুৰোঁতে গগন চুম্বী অট্টালিকা কিম্বা পৰ্ণ কুটিৰত, ৰংগমঞ্চ কিম্বা পথাৰত বিশ্ব বিদ্যালয় কিম্বা ফেক্টৰিত লগ পাইছে কেৱল মানুহ; একেই ধাতুৰে গঢ়া মানুহ। যাৰ সুখ দুখ আবেগ অনুভূতিৰ জগত খনত কোনো ভেদ নাই। এই সাগৰ সংকাশ প্ৰতিভাৰ গৰাকীজন যেতিয়াই যলৈকে গৈছে সেই ঠাইৰ সভ্যতা সংস্কৃতিৰ তেওঁ সূক্ষ্ম অনুসন্ধান কৰিছে  আৰু তাৰেই পটভূমিত  সৃষ্টি কৰিবলৈ সক্ষম হৈছে একো একোটা কালজয়ী গীত।অপৰূপ শব্দ সংযোজন, সহজ সৰল চিত্ৰ কল্প, আশা পূৰ্ণ দৃষ্টিভঙ্গী,জাতীয় সমস্যাৰ অনুৰণন তথা কোমল সুৰৰ মুৰ্চনা তেওঁৰ গীতৰ অন্যতম বৈশিষ্ট্য। কৰ্ম  সূত্ৰত  বেছি ভাগ সময় জন্মভূমিৰ পৰা আঁতৰি থকা সময়তো তেওঁৰ প্ৰাণত ধ্বনিত হয় অসমীয়া মানুহৰ তেজৰ উত্তাপ , মনৰ মাজত লুকাভাকু খেলে অসমৰ চিৰ সেউজ পৰিবেশে। শব্দৰ মায়াজালেৰে সকলোকে মোহিত কৰা গীতিকাৰ জনৰ প্ৰতিটো গীতেই যেন একো একোটি উৎকৃষ্ট কবিতা; উপমা অলংকাৰৰ মালা পিন্ধি সেইবোৰে হৃদয়ত স্থায়ীভাৱে  ঘৰ বান্ধি বহে। বৰ্তমানৰ বাদ্য সৰ্বস্ব গীতবোৰত যাৰ উপস্থিতি উপলব্ধ নহয়।
     দেশে বিদেশে নাটঘৰে ঘৰে কণ্ঠ নিগৰাই ফুৰা শিল্পী জনৰ এই গীতিকাৰ সুৰকাৰ ৰূপটোৰ বাহিৰেও তেখেত আছিল এজন চিত্ৰকৰ, চলচিত্ৰ পৰিচালক, সাহিত্যিক তথা বিশ্ববিদ্যালয়ৰ শিক্ষক।কিছুদিন প্ৰত্যক্ষ ৰাজনীতিটো নামি পৰা মানুহজনৰ এই ৰূপ বেছিদিন স্থায়ী নহ'ল। বৰঞ্চ এক উৎকৃষ্ট মানৰ অৱদানেৰে অসমীয়া সংস্কৃতিক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টাত হে ব্ৰতী হ'ল তেওঁ।চলচিত্ৰ আৰু সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰাৰ উপৰিও অসম তথা ভাৰত চৰকাৰে অৱধাৰিত ভাবেই তেখেতক প্ৰদান কৰিছে,  অসম  ৰত্ন, সংগীত নাটক একাডেমী আৰু দাদা চাহেব  ফাল্কেৰ দৰে সন্মানীয় বঁটা আৰু মৰণোত্তৰ ভাবে প্ৰদান কৰিছে পদ্ম বিভূষণ আৰু ভাৰত ৰত্ন বঁটা।তদুপৰি 1993 চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদতো অধিষ্ঠিত কৰি শিল্পী জনক উপযুক্ত সম্মান যচা হৈছে।
          2011 চনৰ  পাঁচ নৱেম্বৰত জীৱন বন্তি নিৰ্বাপিত হোৱা শিল্পী জনক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হোৱা পাঁচ লক্ষৰ অধিক লোকৰ সমাবেশেই যুগে যুগে প্ৰমাণ কৰি থাকিব শিল্পী জনৰ কালজয়ী সৃষ্টিৰ সাৰ্থকতা। তেখেতে নিজে নিজক ঠিকনা বিহীন বুলি কৈ গলেও আমি ভাবো শিল্পী জনৰ অমৰ সৃষ্টি ৰাজীৰ মাজতেই খোদিত হৈ থাকিব তেখেতৰ সঠিক ঠিকনা।


পৃষ্ঠাঃ ৪৮

নিৱন্ধঃ

যোগ কেনেকৈ আৰু কিয় কৰিব লাগে ?

ভাৰ্গৱ কলিতা
দৰং (অসম)
ফোন নং- ৯১০১৬১৫২৭১

যোগাসন কৰাৰ সদায় এটা নিৰ্ধাৰিত সময় থাকিব লাগে আৰু ৰাতিপুৱা খালী পেটত যোগাসন অভ্যাস কৰাটো উত্তম সময় ৷ শৰীৰটো ভালে ৰাখিবৰ বাবে দিনত এবাৰকৈ যোগাসন কৰিলেও হয় ৷ আপোনাৰ যদি ৰাতিপুৱা সময় নহয় তেতিয়া আবেলি খালি পেটটো যোগাসন কৰিব পাৰে ৷ যোগাসন অভ্যাস কৰোঁতে উশাহ-নিশাহ লোৱাটো এটা সম্পৰ্কিত কথা ৷ আসনৰ মাজত সুবিধা মতেহে উশাহ-নিশাহ লোৱাৰ নিৰ্দেশনা দিয়া হৈছে ৷ এইসমূহ পালন কৰিহে যোগৰ অভ্যাস কৰিব লাগে ৷ প্ৰতিটো আসন কৰোঁতে আপুনি সদায় এটা আসন, এটা নিৰ্দিষ্ট সময় কৰিব লাগে ৷ যেনে ধৰক, আগদিনাখন এটা আসন ১০ চেকেণ্ড কৰিলে পিছদিনাও একে ১০ চেকেণ্ড সময় ৰাখিব । যোগাভ্যাস কৰোঁতে সদায় মনোযোগ দি কৰিব লাগে ৷ আপুনি যেতিয়া আসনটো কৰি থাকিব তেতিয়া আপোনাৰ আসনটো এটা ভংগীত থাকিব আৰু সেই ভংগীটোৰ ফালে মনোযোগ দিব আৰু বেলেগ কথাত মনোযোগ নিদিব ৷ উদাহৰণস্বৰূপে সৰ্বাংগাসন কৰোঁতে ভৰি ওপৰলৈ উঠিলে, ক'ত থাকিলে ঠিক হ'ব, তালৈ মনোযোগ দিব ৷ আসনটোত থাকোঁতে মূৰটোত থকা অংগ-প্ৰত্যংগলৈ তেজৰ যোগান বাঢ়িছে বা স্বাভাৱিক হৈছে নে নাই আদি চিন্তা কৰিব লাগে ৷
গাত কাপোৰ কমকৈ ৰাখিব লাগে ৷ শীতৰ দিনত গা আৱৰি থকা পাতল কাপোৰ ৰাখিব পাৰি ৷ যোগ অভ্যাস মুকলি আৰু সমান ঠাইত কৰিব পাৰিলে ভাল হয় ৷ বৰ মুকলি ঠাই নহ'লেও বতাহ চলাচল কৰা ঠাই হ'ব লাগে ৷ যোগ-অভ্যাস মাটিত সমান ঠাইত, পকা কৰা ফ্ল'ৰত বা ছাদৰ ওপৰতো কৰিব পাৰি ৷
তলত দুটা আসন আৰু এটা প্ৰাণায়মৰ বিষয়ে অলপ দাঙি ধৰিলোঁ-
১) তাড়াসন: তাড়াৰ অৰ্থ হ'ল পাহাৰ বা তাল আৰু খেজুৰ জাতীয় গছ ৷ এই আসন কৰিলে শৰীৰৰ দৃঢ়তা বাঢ়ে আৰু সকলো থিয় হৈ কৰা আসনৰ মুখ্য আধাৰস্বৰূপ ৷

অভ্যাস বিধি:
১) দুই ইঞ্চিৰ সমান্তৰালত ভৰি ৰাখি থিয় হ'ব লাগে ৷ হাতৰ আঙুলি বন্ধনত ৰাখি ওপৰমুৱালৈ তলুৱা ঘূৰাই উশাহ লৈ হাত দুখন ওপৰলৈ উঠাব লাগে ৷

২) দেহৰ সমান্তৰালকৈ লম্বভাৱে মূৰৰ ওপৰত স্থাপন কৰিব লাগে ৷

৩)এতিয়া ভৰিৰ আঙুলিত ভৰ দি গোৰোহা অঞ্চল উঠাব লাগে ৷ এনেদৰে ১০-১৫ ছেকেণ্ড থাকিব লাগে ৷ এই অৱস্থাত আঁঠু, তপিনা আৰু উৰুৰ মাংসপেশী সংকোচন কৰি ৰাখিব লাগে ৷

৪) উশাহ এৰি গোৰোহা নমাব লাগে ৷

৫)হাত তললৈ নমাই আনি আঙুলিৰ বন্ধন খুলি  স্থিতিত আহিব লাগে ৷

উপকাৰিতা:  ১) এই আসনে দেহৰ স্থিৰতা আনে, স্নায়ুৰ দূৰ্বলতা দূৰ কৰে ৷
২) উচ্চতা বৃদ্ধি হোৱাত সহায় কৰে 

সাৱধানতা: হৃদৰোগ, মূৰ-ঘূৰণি থাকিলে আঙুলিৰ ওপৰত ভৰ দিব নালাগে ৷

আগলৈ


পৃষ্ঠাঃ ৪৯

অনুভৱঃ

 "বন্ধুত্ব" এটি বিশ্লেষণ

ৰীপা দোলাকাষৰীয়া
কমলাবাৰী, মাজুলী
৭৫৭৮৮০২৮৩৭

         মানুহ মাত্ৰেই সংগপ্ৰিয়। এই কথা আপুনি, মই  সকলোৱে উপলব্ধি কৰোঁ। নিসংগ  এটা জীৱন ব'ব নোৱৰা বোজা স্বৰূপ। শৈশৱতে  ধূলিৰে উমলি -জামলি  হাঁ‌হি -ধেমালীৰে সমনীয়াৰ সৈতে পাৰ কৰা  আমাৰ সময়বোৰ আমি সকলোৱে মনত পেলাওঁ‌। ঠিক সেইদৰে কলেজ / ইউনিভাৰ্ছিটিত পঢ়ি থকা অৱস্থাত ক্লাছৰ ফাঁ‌কে ফাঁ‌কে আজৰি সময় খিনিত  সহপাঠীৰ সৈতে কটোৱা আপোনাৰ জীপাল সময়বোৰে  নিশ্চয় আপোনাক নষ্টাল'জিক কৰি তোলে। বন্ধু বৰ্গৰ সৈতে মিলিত হৈ যিকোনো এটা বিষয়ৰ  ৰসাল আলোচনাত সৰৱ হৈ পৰা আপোনাৰ আড্ডাবোৰ , কেণ্টিনত চাহ-মিঠাইৰ জুতি লোৱা সুমধুৰ সময়বোৰ, সমনীয়াৰ লগত বহি গোৱা  টুকুৰা -টুকুৰ  গীতৰ কলিবোৰ আৰু  কবিতাৰ পংক্তিবোৰে বৰ্তমানেও নিশ্চয় আপোনাৰ স্মৃতিৰ পটত দোলা দি থাকে। কিন্তু আপুনি বাৰু ভাৱি চাইছেনে,  সেইসময়ত আমি ভালপোৱা  আমাৰ বন্ধু বৰ্গক  আমি বাৰু কিমান দিনলৈ মনত ৰাখিছোঁ ? কিমান সুদূৰ প্ৰসাৰী আছিল আমাৰ সেই বন্ধুত্ব ? সঁ‌চা কথা ক'বলৈ গ'লে  পৰিৱেশ- পৰিস্থিতি আৰু সময়ৰ লগে লগে আমি তেওঁলোকক পাহৰি যাব লগীয়া হয়। কৰ্মব্যস্ত জীৱন আৰু পৰিৱেশৰ লগত খাপ -খুৱাই  আমি জীৱনত  বহু সংখ্যক মানুহৰ সৈতে চিনাকি হওঁ‌। তাৰ মাজৰে কিছুমান  ব্যক্তি হৈ পৰে  আমাৰ বাবে খুবেই আপোন।  যাক আমি 'বন্ধুত্ব' নামেৰে নামাকৰণ কৰোঁ। বন্ধুত্বৰ সংজ্ঞা বহুজনে বহু সময়ত  বহু ধৰণেৰে  দিছে যদিও  সহজ অৰ্থত - "ত্যাগ, বিশ্বাস আৰু আস্থাৰ ওপৰত প্ৰতিষ্ঠিত মমতাৰ এনাজৰীৰে হৃদয়স্পৰ্শ কৰা সম্পৰ্কই হৈছে 'বন্ধুত্ব'"। বন্ধুত্ব সম্পৰ্কত এনে কোনো স্বাৰ্থ নাই য'ত উচ্চ-নীচ,  ধনী-দুখীয়া অথবা জাতি- ধৰ্ম - বৰ্ণৰ প্ৰভেদে দেখা দিয়ে। এইখিনিতে মনত ৰখা দৰকাৰ , বন্ধু নিৰ্বাচন কৰোঁতে  আমি নিজেই কিছু সাৱধান হোৱা উচিত। কিয়নো, কেতিয়াবা দেখা যায় কেৱল মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই কিছু সংখ্যক ব্যক্তিয়ে আমাৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি  আমক ভুল পথে পৰিচালিত কৰে। কেতিয়াবা আকৌ কোনো বন্ধুৰ আচহুৱা আচৰণে আমাক মানসিক ভাৱে হতাশগ্ৰস্ততাত ভোগাই আৰু ভৱিষ্যতে কাৰোবাৰ সৈতে  বন্ধুত্ব গঢ়াৰ ক্ষেত্ৰত আমাৰ মনত শংকাৰ সৃষ্টি কৰে। যিহেতু কোনো এটি সম্পৰ্ক সুদৃঢ় স্থায়ী কৰাৰ মূলতেই  হৈছে বন্ধুত্ব। সেইবাবেই এই সম্পৰ্ক  সকলোতকৈ শ্ৰেষ্ঠ আৰু উৰ্দ্ধত। একোখন পবিত্ৰ অন্তৰাত্মাই পৰস্পৰে পৰস্পৰৰ প্ৰতি কৰা ত্যাগ, বিশ্বাস, আস্থাত শুদ্ধ মানসিকতাৰে মূল্য দিব জানিলে প্ৰকৃত বন্ধুত্বৰ মাদকতা ল'ব পৰা যায়। এইখিনিতে বন্ধুত্বৰ কেইটামান  উদাহৰণ দাঙি ধৰিছো-  " বাণ ৰজাৰ জীয়ৰী ঊষা দেৱী  অগ্নিগড়ত আৱদ্ধ কৰি থোৱা  অৱস্থাত  প্ৰিয় সখী চিত্ৰলেখাই ভোমোৰাৰ ৰূপ ধাৰণ কৰি সপোনৰ কোঁ‌ৱৰ অনিৰূদ্ধক আনি ঊষাৰ সৈতে গন্ধৰ্ব-বিবাহ কৰাইছিল। সখী চিত্ৰলেখাৰ প্ৰতি থকা ঊষাৰ অগাধ আস্থা আৰু বিশ্বাসক মূল্য দি নিজৰ জীৱনটোকো তুচ্ছ জ্ঞান কৰি চিত্ৰলেখাই  যি ত্যাগৰ আদৰ্শ দাঙি ধৰিছিল সেই আদৰ্শই হৈছে বন্ধুত্বৰ এক উৎকৃষ্ট নিদৰ্শন।" ঠিক সেইদৰে  "বিষ্ণুপুৰাণত উল্লেখিত কৃষ্ণ  আৰু সুদামাৰ বন্ধুত্ব"; " ৰামায়ণত বৰ্ণিত শ্ৰীৰাম আৰু ভক্ত হনুমানৰ বন্ধুত্ব" আৰু মহাভাৰতৰ পাতত উজলি উঠা  কৃষ্ণ -অৰ্জুনৰ বন্ধুত্ব" ই উজ্জ্বল চানেকি হৈ দেখা দিয়ে।


পৃষ্ঠাঃ ৫০

            আধুনিক সমাজ ব্যৱস্থাত কৰ্মব্যস্ত জীৱনত  সময়ৰ লগে লগে দৌৰি ফুৰোঁতে আপুনি হয়তু পাহৰি গৈছে সম্পৰ্কৰ মধুৰতা। কিছু সময়ৰ ত্যাগেৰে  আপোনাৰ বন্ধুত্ব সুলভ মানসিকতা জাগৃত কৰি প্ৰিয় বন্ধু/বান্ধৱীৰ বাবে আপুনিও   হৈ পৰক এজন অন্তৰঙ্গ বন্ধু। যিদৰে তিতাৰ স্বাদ অবিহনে মিঠাৰ অনুভৱ নহয়,  যেনেকৈ দুখৰ অবিহনে সুখৰ অনুভৱ  কৰিব পৰা নাযায়, ঠিক সেইদৰে  পৰস্পৰৰ প্ৰতি থকা বিশ্বাস আৰু মমতাক অনুভৱ কৰিবলৈ লাগে  কিছু মৰম মিশ্ৰিত অভিমান। বন্ধুত্বৰ সম্পৰ্কত থকা মৰম মিহলি খং-অভিমান, দোষ-ত্ৰুটিবোৰ  বিশ্বাসেৰে পাতলাই ৰাখি আপুনিও বন্ধুত্বৰ এনাজৰী ডাল দৃঢ় কৰিব পাৰে। কেৱল মাথোঁ ফোনকল, Facebook, Whatsapp তে আৱদ্ধ নাথাকি আপোনাৰ প্ৰিয় বন্ধু-বান্ধৱীৰ ওচৰত নিজে উপস্থিত হৈ চাওকচোন।  তেওঁলোকৰ সুখৰ সমভাগী হোৱাৰ লগতে প্ৰতিটো যন্ত্ৰণাগধুৰ  দুখৰ মুহূৰ্তত আপুনি আপোনাৰ প্ৰিয় বন্ধু /বান্ধৱীৰ কান্ধত মমতাৰ হাত খন ৰাখি চাওক। দেখিব, বিপদৰ সময়ত আপোনাৰ জৰিয়তে তেওঁলোকে অদম্য সাহস আৰু মানসিক প্ৰেৰণা লাভ কৰিছে। কেতিয়াবা আকৌ আপোনাৰ প্ৰিয় বন্ধু জন ভুল পথেৰে পৰিচালিত হ'ব পাৰে। এই ক্ষেত্ৰত আপোনালোকৰ দিহা-পৰামৰ্শ অতিকে প্ৰয়োজন তেওঁৰ বাবে।  আৱেগক প্ৰশ্ৰয় নিদি সুস্থ মানসিকতাৰে আপোনাৰ বন্ধুৰ  সমস্যাবোৰৰ বিষয়ে জানিবলৈ যত্ন কৰক।  জীৱনত ঘটি থকা সৰু-বৰ ঘটনা আৰু আকস্মিক ভাৱে অহা প্ৰত্যাহ্বান বোৰত তেওঁলোক যাতে ভাগি নপৰে , তাৰ বাবে যথোপৰণাস্তি  বন্ধুত্ব সুলভ আচৰণেৰে  তেওঁলোকক বুজনি প্ৰদান কৰক। চকুলোৰ বন্যাৰ মাজত  আপোনাৰ বন্ধু-বান্ধৱীক নিসংগ হ'বলৈ নিদিব।  ভুল বুজাবুজি, অযথা বাক্- বিতণ্ডা পৰিহাৰ কৰি  এগৰাকী সফল বন্ধু/বান্ধৱী  হিচাপে আপুনি তেওঁলোকৰ মনটো বুজিবলৈ যত্ন কৰক আৰু  তেওঁলোককো সেই সুবিধা প্ৰদান কৰক যাতে আপোনাক বুজিব পাৰে।  মহানতাৰ আদৰ্শৰে উজলি উঠা এই বন্ধুত্বৰ সম্পৰ্কক কেতিয়াও ফাঁ‌ট মেলিবলৈ নিদিব। 
             বছৰৰ  বিশেষ এটা দিনত  'বিশ্ব বন্ধুত্ব  
দিৱস' উদযাপন কৰিলেই  জানো আমি আমাৰ বন্ধুত্ব ৰক্ষা কৰিব পাৰিম ? কোনো নামী-দামী উপহাৰৰ টোপোলা  আৰু ৰং-চঙীয়া ফুলৰ কুঁ‌কিৰে  বন্ধুত্ব জুখিব পৰা নাযায়।  বহু দীঘলীয়া ব্যৱধান নাৰাখি  কৰ্মব্যস্ততাৰ মাজতো  আপুনি আপোনাৰ বন্ধুৰ লগত প্ৰতিদিনে এবাৰকৈ হ'লেও  মত-বিনিময় কৰক।  এইখিনিতে সেই সকল বিশেষ বন্ধু-বান্ধৱীলৈ অনুৰোধ-'কিছু পোৱাৰ স্বাৰ্থত  কাৰো সৈতে বন্ধুত্ব নগঢ়িব অথবা কিবা দিবলগীয়া হ'ব পাৰে বুলি ভাৱি  প্ৰকৃত বন্ধুত্বৰ সম্পৰ্কৰ পৰা পলায়নো নকৰিব। পবিত্ৰ আৰু নিকা আত্মিক সম্পৰ্কটিক আপোনাৰ প্ৰবঞ্চনাৰে কলুষিত নকৰিব। '  আহকচোন, মমতাৰ একেডাল এনাজৰীৰে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আমি গাঁ‌ঠি যাওঁ 'বন্ধুত্ব' ফুলৰ   সেই মালাধাৰি, যি ধাৰি মালাৰ সুবাসেৰে আমি আমাৰ নিসংগ সময় খিনি সুবাসিত কৰি তুলিব পাৰো।  ত্যাগ, বিশ্বাস, আৰু আস্থাৰ প্ৰতীকৰূপী 'বন্ধুত্ব'ক আমি আজীৱন চিৰস্থায়ী কৰি ৰাখিব পাৰো। 
             সমূহ বন্ধু-বান্ধৱীৰ ওচৰত সঁ‌চা বন্ধুত্বক জীয়াই ৰখাৰ মানসেৰে আজীৱন বন্ধুত্বৰ প্ৰতিশ্ৰুতিৰে---


পৃষ্ঠাঃ ৫১
অনুভৱঃ

 জীৱন

চয়নিকা বৰুৱা
যোৰহাট আতিলা গাঁও

আজিৰ পৰা প্ৰায় তিনিবছৰৰ আগৰ কথা......
    নাই, মই আৰু জীয়াই থাকিব নোৱাৰো। মোৰ ওচৰত আৰু একো উপায় নাই। মা-দেউতা, তোমালোকে মোক ক্ষমা কৰি দিবা। এইবুলি দীপুৱে তাৰ হাতখন কাটিবলে লওঁতেই হঠাৎ তাক পাছফালৰ পৰা এজনী ছোৱালীয়ে "দীপু" বুলি মাত লগালত দীপু উচপ খাই উঠিল আৰু ছোৱালীজনীক কোন বুলি প্ৰশ্ন কৰিলত তাই কেৱল গহীনাই হাঁহি এটা মাৰিলে ক'লে, মোৰ নাম পাছত জনাম তোমাক। কিন্তু তাৰ আগতে কোৱা তুমি এইবোৰ কি কৰিবলৈ লৈছা ? দীপুৱে একো নাই বুলি কৈ ছোৱালীজনীক তাৰ পৰা গুচি যাবলৈ ক'লে যদিও ছোৱালীজনী তাৰ পৰা কিন্তু আঁতৰি নগ'ল। তাই দীপুক পুনৰ সুধিলে সি কি কৰিবলৈ লৈছে। মই মৰিব বিচাৰো, সেয়েহে আত্মহত্যাৰ পথ বাচি লৈছো, মনতো মাৰি দীপুৱে ক'লে। দীপুৰ কথা শুনি ছোৱালীজনীয়ে দীপুক আত্মহত্যাৰ পথ বাচি লোৱাৰ কাৰণ সুধিলে আৰু দীপুৱে ক'লে, মোৰ প্ৰেয়সীয়ে মোৰ লগত বিশ্বাসঘাটকতা কৰিলে। তাইক মই বহুত ভাল পাইছিলো। তাইৰ কথা মতেই আমাৰ বিয়াৰ কথা পাতিবলৈ মোৰ মা-দেউতাৰ সৈতে মই তাইৰ ঘৰলৈ গৈছিলো। আমাৰ সম্পৰ্কটো তাইৰ ঘৰতো মানি লৈছিলে। কাইলৈ আমাৰ বিবাহৰ দিন আছিল। কিন্তু আজি হৰ্ঠাৎ তাই মোক ফোন কৰি ক'লে, তাই হেনো মোৰ লগত বিয়া নহয় আৰু ফোনটো কাটি দিলে। তথাপিও তাই মোৰ লগত ধেমালি কৰিছে বুলি ভাবি মই তাইৰ ঘৰলৈ গ'লো। কিন্তু তাহাঁতৰ গেটত এটা প্ৰকাণ্ড তলা ওলমি আছিল। মই একো বুজিব নোৱাৰি মোৰ বন্ধু প্ৰদীপলে ফোন কৰিলো আৰু সি মোক সকলো কথায়েই ক'লে। তাইৰ হেনো অাজি ধনীঘৰৰ ল'ৰা এজনৰ লগত বিয়া। মই দুখীয়া ঘৰৰ ল'ৰা বাবেই আজি তাই মোৰ লগত এনেকোৱা কৰিলে। মই একো ভাবি পোৱা নাছিলো মা-হঁতক কি বুলি জনাওঁ। সমাজে গম পালে মোৰ মা-দেউতাক হাঁহিব, লাজ দিব, কিমান যে অপমান পাব। অপৰাধ কৰিলে তাই কিন্তু সেই অপৰাধৰ ফল আজীৱন আমি ভোগ কৰিব লাগিব। সেয়েহে মই এই পথ বাচি ল'লো। দীপুৰ কথা শুনি ছোৱালীজনীয়ে তাক সুধিলে,  বন্ধু তাইৰ অপৰাধৰ ফল তাই পাব কিন্তু সেই বুলি তুমিও কিয় অপৰাধ কৰিব লৈছা? মনত ৰাখিবা কৰ্মৰ ওচৰত কাগজো নাই, কলমো নাই। তথাপিও কিন্তু গোটেই জগতৰ হিচাপ আছে। আমি কৰা অনুচিত কৰ্মৰ হিচাপ তুমি মই পাহৰিলেও কিন্তু কৰ্মই নাপাহৰে। ছোৱালীজনীৰ কথাশুনি দীপুৱে সুধিলে, সমাজে জানো বুজিব অপৰাধ যে আমাৰ নাছিল ? আগতেও অন্য কাৰণতো দেখিছো সমাজক কিছুমান কথা বুজাবলৈ চেষ্টা কৰিও বিফল হ'ব লগা হয়। দীপুৰ কথা শুনি ছোৱালী জনীয়ে ক'লে, বন্ধু বাৰে বাৰে চেষ্টা কৰাৰ পাছতো হয়তো কেতিয়াবা  সফলতা লাভ নহ'ব পাৰে, কোনো কথা নাই। কিন্তু এটা কথা মনত ৰখা দৰকাৰ, প্ৰতিটো সফলতাৰ কাৰণ চেষ্টা ।  গতিকে তুমি এতিয়া তোমাৰ মনত সাহস জগাব লাগিব আৰু মা-দেউতাৰ লগতে সমাজক সেই কথা বুজাব লাগিব। যদি সমাজে তোমাক আঙুলিয়াই দোষ দিয়ে, তেন্তে তুমি তেওঁলোকৰ ভুল ধাৰণা সলনি কৰিবলৈ চেষ্টা কৰিব লাগিব। মনত ৰাখিবা বন্ধু চেষ্টাৰ অসাধ্য একোৱেই নাই। এই বুলি কৈ ছোৱালীজনী তাৰ পৰা গুচি গ'ল আৰু দীপুৱেও বুজিলে সি কি ভুল কৰিবলৈ লৈছিল। নিজৰ ভুল বুজি পাই দীপুৱে মা-দেউতাকৰ লগতে সমাজকো সকলো কথা বুজাই ক'লে আৰু সমাজেও সকলো কথা বুজি পাই দীপুহঁতৰ গাত যে কোনো দোষ নাই সেই কথা স্বীকাৰ কৰিলে। এতিয়া দীপু এজন সুখী ল'ৰা। 


পৃষ্ঠাঃ ৫২
মােৰ ভ্রমণ ডায়েৰী' - ৩


দার্জিলিং

শর্মীষ্ঠা বর্মন
নতুন দিল্লী

       শৰৎ ঋতু দার্জিলিং ভ্রমণৰ সঠিক সময়৷ তেতিয়া বতৰ বৰ ভাল থাকে৷ বৰফেৰে ঢকা হিমশিখৰবোৰ স্পষ্টভাৱে দেখা যায়৷
     দার্জিলিঙত বসবাস কৰা লোকসকল সাধাৰণতে নেপালী সম্প্রদায়ৰ৷ বৌদ্ধ ধর্ম্মাৱলম্বীৰ লোকেও তাত বসবাস কৰে৷ এইখিনি সময়ত দূৰ দূৰণিত থকা স্থানীয় লোকসকল ঘৰলৈ আহে৷ দশমীৰ দিনা ঘৰৰ মূৰব্বীজনৰ হাতৰ পৰা চাউল আৰু দৈৰে বনোৱা ফোঁট লয়৷ এই ফোঁট লোৱা প্রক্রিয়া পূর্ণিমাৰ দিনটোলৈ চলে৷ দশমীৰ দিনা লগোৱা ফোঁটটো নিজৰ কঁপালত যিজনে পূর্ণিমাৰ দিনালৈকে ৰাখিব পাৰে তেওঁক ভাগ্যৱান বুলি ভবা হয়৷ বায়েক বা ভনীয়েকসকলে সেই ফোঁটৰ চাউলখিনি 'ভাই টিকা' অর্থাৎ 'ভাই দুজ'ৰ দিনা ভায়েক বা ককায়েকক ফোঁট দিবলৈ সাঁচি থয়৷ দশমীৰ বিশ দিনৰ পাছত দীপাৱলী পর্ব্ব অাহে৷ অমাৱশ্যাৰ নিশা ছােৱালী আৰু তিৰোতাসকলে ঘৰে ঘৰে গৈ 'ভৈল' খেলি ভায়েক বা ককায়েকহঁতক উপহাৰ দিবলৈ অৰিহণা গোটায় ৷'ভাই দুজ'ৰ পাছত পুৰুষসকলে 'দেউচী' খেলে ৷ গতিকে এইখিনি সময়ত 'দার্জিলিঙ'ৰ পৰিৱেশ কেওফালৰ পৰাই সুন্দৰ হৈ উঠে৷ কথাতে কয় নহয় 'এনেয়ে বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া'৷
     পূজাৰ সময়তে আমি 'দার্জিলিং' ফুৰিবলৈ ওলালো ৷ আমাৰ লগত মোৰ মা আৰু দেউতা আছিল ৷ 'টয় ট্রেইন'খনেৰে দার্জিলিঙলৈ গ'লে পাহাৰৰ অপূর্ব সৌন্দর্য্য তন্ন তন্নকৈ উপভোগ কৰিব পাৰি ৷ কিন্তু সময় বেছি লাগিব বুলি আমি কার্শিয়াঙৰ পৰাহে 'টয় ট্রেইন'ত উঠিম বুলি সিদ্ধান্ত ল'লো৷
    আমাৰ যাত্রা আৰম্ভ হ'ল ছিলিগুৰিৰপৰা ৷ দূর্গাপূজাৰ বতৰ বাবে ছিলিগুৰিকো সজাই পৰাই ধুনীয়া কৰা হৈছিল ৷ চাৰিওফালে মানুহৰ আনন্দত জুমজুমনি৷
        ছিলিগুৰিৰ হৈ-চৈ, ভীৰৰ পৰা ওলাই 'চুকুনা' প্রৱেশ কৰাৰ লগে লগে হঠাৎ পৰিৱেশ যেন শান্ত হৈ পৰিল৷ বাটৰ দুয়োকাষে সেউজীয়া গছ-গছনি, চাহ-বাগিছাবোৰ দেখি মন পুলকিত হৈ উঠিল৷ কোৱা শুনিছো চুকুনাৰ গভীৰ হাবিখনৰপৰা বনৰীয়া হাতী, বাঘ আদি ওলাই বাটলৈকে আহে৷
            চুকুনাৰ পাছত আহিল 'ৰংটং','চূণভাট্টি',তাৰ পাছত আহিল 'ছত্র মাইল'(সোতৰ মাইল)৷ এই ঠাইৰ বিশেষত্ব হৈছে 'টয় ট্রেইন'ৰ বিশেষ ষ্টেচন এটা, যাৰ নাম 'come back' যিজন ইংৰাজ অভিযন্তাই এই বাটটো বনাইছিল তেওঁ 'ছত্র মাইল'ৰপৰা আগলৈ যাব নোৱাৰা হোৱাত ইংলেণ্ডত থকা ঘৈণীয়ৈকলৈ চিঠি লিখিলে৷ চিঠিৰ উত্তৰ আহিল "আগলৈ যাব পৰা নাই যদি উভতি আহাঁ - come back"৷
কথাষাৰিয়ে তেওঁক যেন বাটহে উলিয়াই দিলে৷ ৰেলৰ আলিটো তাৰপৰা উভতাই আনি আন এটি দিশে পুনৰ আগলৈ যোৱাৰ বাট কাটিলে৷ সেইবাবে এই ইয়াৰ নাম 'come back' পৰিল৷
     তাৰ পাছত আহিল 'টিন্ধাৰিয়া'৷ অতি সুন্দৰ ঠাই৷ আমাৰ আইতা এগৰাকী অবিবাহিতা মাহী শাহুৰ সৈতে বহুবছৰৰে পৰা তাত বসবাস কৰি আছে৷ তাত আমি এৰাতি কটালো অাৰু স্থানীয় ৰীতি অনুসাৰে আইতাৰ হাতৰপৰা ফোঁট ল'লো৷
    'টিন্ধাৰিয়া'ৰ পাছত আহে 'গয়াবাৰী'৷ দুয়োখন অতি সুন্দৰ আৰু মনোৰম ঠাই৷ 'আৰাধনা' আৰু 'পৰিণীতা'ৰ দৰে বিখ্যাত হিন্দী বোলছবিৰ 'শ্বুটিং'এই দুখন ঠাইৰ মাজত হৈছিল হেনো৷ 'আৰাধনা'ৰ 'শ্বুটিং' চলি থকা সময়ত মোৰ শহুৰদেউতা ৰেলৰ চাকৰিত আছিল৷ তেওঁলোকে হেনো 'আৰাধনা'ৰ বাবে ৰেল আৰু ইঞ্জিনৰ ব্যৱস্থা কৰি দিছিল৷
      'টিন্ধাৰীয়া'ৰ পাছত আহিল 'গয়াবাৰী'৷ এক উন্মুক্ত শান্ত পৰিৱেশ৷ ইয়াতে কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ আছুতীয়া ঘৰ এটা দেখা পালো৷ ভিতৰলৈ নগ'লো৷ ইয়াতেই হেনো তেওঁ বিখ্যাত 'গীতাঞ্জলী' ৰচনা কৰিছিল৷
     'গয়াবাৰী'ৰ পাছত আহিল মহানদী, তাৰ পাছত গিদ্দা পাহাৰ৷ ইয়াত পাহাৰৰ দাঁতিত আন এটি সুন্দৰকৈ সজোৱা ডাঙৰ ঘৰ দেখিলো৷ সেয়া হেনো নেতাজী সুভাষ চন্দ্র বসুৰ আছুতীয়া ঘৰ৷ তেৱোঁ হেনো ইয়াৰ মুকলি বতাহত বহুদিন কটাইছিল৷



পৃষ্ঠাঃ ৫৩

  এটি উল্লেখনীয় কথা যে গাড়ীৰে অহা অঁকোৱা-পকোৱা বাটৰ ঠায়ে ঠায়ে সুন্দৰ ভাষাৰে ভ্রমণকাৰীসকলৰ বাবে সাৱধান বাণী লিপিৱদ্ধ কৰি থোৱা আছিল৷ যেনে
"Hurry will burry you"
"যেতিয়াই অসাৱধান হ'ব
তেতিয়াই দুর্ঘটনা ঘটিব"
"জীৱনটো তেজেৰে ৰাঙলি নকৰিবা
ৰঙীন জীৱন চাবলৈ তেজবোৰ সাঁচি ৰাখা"
ইত্যাদি ৷
    'গিদ্দা'ৰ পাছত আহিল Land of Orchid 'কার্শিয়াং'৷ ইয়াৰ স্বাস্থ্যকৰ বাতাৱৰণ দেখি বৃটিছসকলে ইয়াত T B Sanitorium বনাইছিল৷
    কার্শিয়াঙৰ পৰা আমি 'টয় ট্রেইন'ত উঠি যাত্রা আৰম্ভ কৰিলো৷ আহিল 'টুং',তাৰ পাছত 'ছোনাদা'৷ ইয়াত এটি ডাঙৰ 'মনেস্ত্ৰি' আছে৷
          'ছোনাদা'ৰ পাছত আহিল 'ঘুম',পৃথিৱীৰ সু-উচ্চ পর্ব্বতৰ শিখৰত থকা ৰেলৱে ষ্টেচনসমূহৰ ভিতৰত এক অন্যতম ৰেলৱে ষ্টেচন তথা ই ভাৰতৰ সর্ব্বোচ্ছ ৰেলৱে ষ্টেচন৷ ১৮৮১চনৰ ৪এপ্রিলৰ দিনাখন ইয়াক স্থাপন কৰা হৈছিল৷ আমি গৈ পাওঁতে 'ঘুম' ঘন কুঁৱলিৰে আৱঁৰি আছিল৷
    'ঘুম'ৰ পাছত আহিল 'বাতাছিয়া'ৰ সুন্দৰ আলিকেঁকুৰিটো৷ তাত এখন সৰু বজাৰ বহিছে৷ পর্য্যটকসকলৰ উখল-মাখল চলিছে৷ দূৰবীক্ষণ যন্ত্রেৰে দূৰ দূৰণিৰ পাহাৰ-পর্ব্বত শৃংখলা চাই আছে৷ তাত নামিবৰ মন গ'ল যদিও 'টয় ট্রেইন'খন তাত নৰখায়৷ সেইবাবে উভতি আহোঁতে তাত সোমাম বুলি ভাবি থ'লো৷
            'বাতাছিয়া'ৰ পাছত আহিল ৬৭০০ফুট উচ্চতাত অৱস্থিত  'দার্জিলিং'৷ অপূর্ব ঠাই৷ 'চৌৰাস্তা'ৰ 'মাল ৰোড'ত পর্যটকসকলৰ উখল-মাখল লাগি আছে৷ বৃটিছসকলে পাহাৰীয়া ঠাইবোৰৰ নির্দ্দিষ্ট ঠাইত এইদৰে 'মাল ৰোড' বনাই থোৱা দেখিবলৈ পোৱা যায়৷ 'চৌৰাস্তা'ৰ আৱেষ্টনীৰপৰা ঘূৰি-পকি চালে বৰফেৰে ঢকা সুন্দৰ হিমালয় পর্ব্বত বৰ ধুনীয়াকৈ  দেখা পোৱা যায়৷ সেই বৰফৰ ওপৰত পুৱা-গধূলি যেতিয়া সূর্য্যৰ কিৰণ পৰে, তাৰ সোণোৱালী সৌন্দর্য্য ইমানেই মনোমোহা হয় যে ওৰে জীৱন তাকে চায়ে জীৱন কটাই দিবৰ মন যায়৷
      'চৌৰাস্তা'ৰ ওপৰৰ ফালে আছে 'মহাকাল' মন্দিৰ৷ দূৰ-দূৰণিৰপৰা ইয়ালৈ দর্শনার্থী আহে৷ এই মন্দিৰৰ এটি বৈশিষ্ট্য হ'ল মন্দিৰৰ দুয়োকাষে হিন্দু আৰু বৌদ্ধ, এই দুয়ো ধর্ম্মৰে পুৰোহিত বহি থাকে৷ ভক্তসকলক দুয়োগৰাকীয়ে নিজৰ নিজৰ ধর্ম্মীয় ৰীতিৰে আশীৰ্বাদ দিয়ে৷
     এইবাৰ আমি খোজকাঢ়ি  গ'লো ৯৪ ফুট উচ্চতাত অৱস্থিত 'Peace Pagoda' Japanese Temple. বৌদ্ধ ধর্ম্মৰ এই মন্দিৰটো দার্জিলিং ষ্টেচনৰপৰা প্রায় ২.২ কিঃমিঃ দূৰত্বত অৱস্থিত৷ বহুত ভ্রমণকাৰীৰ আগমণ ঘটিছে যদিও কোলাহল শূণ্য, একেবাৰে শান্ত পৰিৱেশ৷
       এইবাৰ আমি ওলালো Himalayan Mountaineering Institute(HMI).ই এটি ডাঙৰ আৰু সুন্দৰ সংগ্রহালয়৷ ভিতৰত সোমাই বৰ ভাল লাগিল৷ বহুতো আপুৰুগীয়া সংগ্রহ দেখিবলৈ পালো৷ HMIৰ কাষতে লাগি আছে 'বটানিকেল' চিৰিয়াখানা৷ তাত হিমালয়ৰ বিভিন্ন জীৱ-জন্তু আৰু চৰাই-চিৰিকটি দেখিবলৈ পাই মন পুলকিত হৈ উঠিল৷ তাত গুজৰি-গুমৰি থকা 'ৰয়েল বেঙ্গল টাইগাৰ' দুটা স্বচক্ষে দেখিবলৈ পাই মনটো ৰোমাঞ্চিত হৈ উঠিল৷
       পিছদিনা পুৱাতে 'টাইগাৰ হিল' চাম বুলি ৰাতিয়েই আমি 'টাইগাৰ হিল'ৰ তলত থকা 'হোটেল' এখনত উঠিলোগৈ৷ 'টাইগাৰ হিল' দার্জিলিঙৰ পৰা ২১.৮কিঃমিঃ দূৰত্বত অৱস্থিত৷ তাৰ উচ্চতা ৮,৪৪২ফুট৷ পুৱা 'টাইগাৰ হিল'ৰ পৰা সূর্যোদয় চাবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা৷ সূর্য্যৰ প্রথম কিৰণ যেতিয়া হিমালয়ৰ সু-উচ্চ শৃঙ্গবোৰত পৰে তেতিয়া সেই সোণোৱালী দৃশ্যই মনটো পুনৰ নৈসর্গিক কৰি তোলে৷
     'টাইগাৰ হিল'ৰ সু-উচ্চ নির্জ্জনতাত এটি জাগ্রত দেৱী মন্দিৰ আছে৷ তালৈকো বহু দর্শনার্থীৰ আগমন ঘটে৷
     দার্জিলিঙৰ মনোমোহা প্রাকৃতিক সৌন্দর্য্য স্মৃতিপটত আঁকি লৈ আমি এইবাৰ নিজৰ কর্মভূমিলৈ উভতিলো৷



পৃষ্ঠাঃ ৫৪
শিশু সাহিত্য:

শিশুৰ  শিক্ষণ আৰু শিকন

ৰাজশ্ৰী বৰা
গোলাঘাট

     জন্মগত ভাৱেই মানৱ জাতিয়ে শিকন কৰাৰ ক্ষমতা লাভ কৰিছে। প্ৰতিজন ব্যক্তিয়ে শিকনৰ জৰিয়তে নিজৰ চিন্তা, জীৱনৰ মান উন্নত কৰে। এয়া আমাৰ বাবে কোনো অস্বাভাৱিক ঘটনা নহয়। এয়া মানৱী জীৱনৰ এক বিশেষ গুণ।
         
   শিক্ষাই মানৱ জীৱনক পোহৰাই তোলে। এই পোহৰৰ অবিহনে শিশু এটিক সম্পূৰ্ণ মানৱলৈ পৰিবৰ্তন কৰাটো অসম্ভৱ। এই শিক্ষা কেৱল যে আনুষ্ঠানিক শিক্ষাই হ'ব লাগিব এনে কথা নহয়। আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা শিক্ষাই আমাক নিয়মানুবৰ্তিতা, শৃংখলাবদ্ধ তথা সামাজিক হৈ জীৱন ধাৰণ কৰাত সহায় কৰে । তাৰোপৰি ই আমাক শিক্ষা লাভৰ অৰ্থাৎ ডিগ্ৰী এটাৰ প্ৰমাণপত্ৰ প্ৰদান কৰি সুৰক্ষা দিয়ে। অনানুষ্ঠানিক ভাৱে গ্ৰহণ কৰা শিকনে আমাক জীৱনৰ সমস্যা সমাধান কৰাত সহায় কৰে। জীৱনৰ ভিন্ন অভিজ্ঞতাই আমাক বহু দিশত অভিজ্ঞ কৰি তোলে।

  শিক্ষণ আৰু শিকন দুয়োটাৰে নিজা বৈশিষ্ট্য আছে। শিক্ষণ হৈছে আনে দিয়া জ্ঞান আৰু শিকন হৈছে নিজে আহৰণ কৰা জ্ঞান। শিকন ব্যক্তিৰ নিজা ক্ষমতা, নিজৰ সবলতা। ব্যক্তি বিশেষে শিকন ক্ষমতা, আৰ্হি ভিন্ন হয়। 'Teaching' আৰু 'Learning' এই শব্দ দুটাতে প্ৰকৃততে শিক্ষণ আৰু শিকনৰ ধাৰণাটো অধিক স্পষ্ট হয়। শিক্ষণৰ জৰিয়তে শিকন হ'ব পাৰে বা হয়। অথচ শিক্ষণে দিয়া জ্ঞান স্থায়ী নহ'বও পাৰে যদিহে তাত শিকাৰুৰ স্ব-শিকন নহয়। শিশু এটাৰ ক্ষেত্ৰত স্ব শিকনৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ।

   প্ৰকৃততে শিশুকালৰ পৰাই শিকন আৰম্ভ হয়। শিশুৱে নিজে কৰি কৰি শিকিব বিচাৰে। নিজে কৰা কামত আগ্ৰহী হয়। এয়া অৱশ্যে আমাৰ ক্ষেত্ৰতো হয়। আমিয়ো নিজাকৈ কোনো এটা কাম কৰিবলৈ পালে ভাল পাওঁ। অনবৰতে কোনোবাই দিহা পৰামৰ্শ দি থাকিলে খোকোজা লাগে। কামবোৰ নিজৰ মতে সজাব নোৱাৰিলে আউল লাগে। ফলত সমস্যা বাঢ়ে আৰু কেনেবাকৈ যদি কামটো হৈয়ো উঠে তেন্তে সেই কামটো কৰি ভিতৰৰ পৰা সুখী হ'ব নোৱাৰি নতুবা কামটো কৰাৰ পদ্ধতি আমাৰ মনত স্থায়ী নহয়। সেয়েহে আমি শিশু এটিৰ ক্ষেত্ৰত অতি সচেতনতা অৱলম্বন কৰাটো খুবেই জৰুৰী। কাৰণ শিশু অৱস্থাতে  জ্ঞান স্থায়ী নহ'লে পৰবৰ্তী কালত শিশুটোৰ জীৱন আন্ধাৰময় হোৱাটো নিশ্চিত। সেয়েহে আমি আমাৰ শিশুটোক স্ব শিকন কৰাৰ পৰিৱেশ দিয়াটো প্ৰয়োজনীয়।

   শিশুৱে নো কেনে পৰিৱেশত স্ব শিকন কৰে ? দেখা যায় যে আমি সকলোৱে আমাৰ ল'ৰা ছোৱালীক, ছাত্ৰ-ছাত্ৰীক  আমাৰ নিজা  জ্ঞানখিনিক হুবহু বাকী দিবলৈ চেষ্টা কৰোঁ। সিহঁতক নিজাকৈ কোনো বিষয়ৰ ওপৰত ধাৰণা গঠন,মত গঠন কৰাৰ সুবিধা কমেই দিওঁ। এয়া আমাৰ পুৰণিকলীয়া জগৰ।  বৰ্তমান ইয়াৰ সংশোধনৰ প্ৰয়োজনীয়তা আহি পৰিছে। জন ডিউৱিয়ে"learning by doing and learning by living" এই  মন্ত্ৰক শিশুৰ উন্নতিৰ তথা শিকনৰ ঘাই পথ বুলি চিহ্নিত কৰিছিল। যেতিয়া শিশুক নিজে কৰিবলৈ সুবিধা দিওঁ সিহঁত সুখী হয়। কাৰণ সিহঁত ঘটনা অথবা বিষয়বস্তুৰ লগত ঘনিষ্ঠ হয়। সিহঁতে উদ্ভাৱন কৰিবলৈ সুযোগ পায়। সিহঁতে জনা হয় কি কাৰণত কি হৈছে বা কি কৰিলে কেনে প্ৰতিক্ৰিয়া হ'ব। আমি এইখিনি সহায় নকৰোঁ বৰঞ্চ সিহঁতৰ শিকাৰ প্ৰতি থকা আগ্ৰহখিনিক অবহেলা কৰো। সঁচা কথাত সিহঁতৰ ভিতৰৰ অনুসন্ধিৎসু মনটোক হত্যা কৰো। গতিকে এনে নহ'বৰ বাবে আমি শিশুক স্ব-শিকন কৰাত উৎসাহিত কৰিব লাগে। শিশুক আনন্দময় পৰিৱেশ প্ৰদান কৰিব পাৰিব লাগিব। যশপালৰ ভাষাত "learning without burden" হ'লে শিশুৱে শিকন নিজে নিজে কৰে। শিশুটোক আপুনি মই পৰামৰ্শদাতা স্বৰূপে সহায় কৰিব লাগে। আমি তাৰ মগজুৰ তলা বোৰ তাকে  খুলিবলৈ মাথোঁ ইংগিত দিব লাগে। যেতিয়া আমি এনে কৰোঁ তেতিয়াই শিশুটোৱে নিজৰ ভিতৰৰ মানুটোক,সি তাৰ ভিতৰৰ শক্তিক আৱিস্কাৰ কৰে। সি চিনি পাই নিজকে যে সি কিহত সবল আৰু কিহত দুৰ্বল। আমি কিন্তু কথাবোৰ দকৈ নাভাবো। আমি শিশুক  মাথোঁ শিক্ষণ কৰাৰ প্ৰয়াস কৰোঁ। ফলত শিশুটোক দান কৰা জ্ঞান ক্ষন্তেকীয়া হয়। যিহেতু তাত শিশুটো নিজে জড়িত নহয়। সেয়ে সি এই সকলো জানে,এই নাজানে। যদিহে শিশুৱে নিজে জ্ঞান আহৰণ কৰে,সেই জ্ঞানেৰে নিজৰ জীৱনৰ বহু জটিল সময় সহজ কৰি তুলিব পাৰে। অৰ্থাৎ শিশুৱে শিকাখিনি ভৱিষতলৈকে কঢ়িয়াই নিব পাৰে। মুঠতে শিকন হ'বলৈ সুস্থ তথা শিশুৰ উপযোগী পৰিৱেশৰ খুবেই জৰুৰী। কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, "Education is the living not a mechanical process."

     মন্টেছৰী য়ে হ'ল প্ৰথমজন শিক্ষাবিদ যি শিক্ষাক শিক্ষণৰ পৰা শিকনলৈ সলনি কৰিছিল। তেওঁৰ মতে শিক্ষকে ল'ৰা-ছোৱালীক শিক্ষাৰ নিদেৰ্শনা,সঁজুলি আৰু তাক পৰিচালনাত সহায় কৰিব লাগে। আমি সকলোৱে শিশুটোক স্ব শিকন কৰি জীৱনৰ বাবে স্থায়ী জ্ঞান গঠনত সহায় কৰিব লাগে। আমি শিশুক 
1/Learning to know
2/learning to do
3/learning to live together
4/Learning to be.
  এই কেইটা উদ্দেশ্য পূৰ্ণ হোৱাকৈ শিকনত সহায় কৰিব লাগে। এনে কৰিলে আমাৰ শিশুসকল আত্মবিশ্বাসী, সাহসী, ধৈৰ্যবান আৰু দূৰদৰ্শী লগতে পৰিৱেশৰ লগত যুঁজিব পৰাকৈ সবল যোদ্ধালৈ পৰিণত হ'ব। আহক আমি এই দুঃদিনত আমাৰ শিশুটোৱে কৰা কামত প্ৰেৰণা যোগাই তাৰ বৌদ্ধিক, মানসিক দিশৰ উন্নতি হোৱাকৈ একো একোটা পৰিৱেশ প্ৰদান কৰোঁ। আমি শিশুটোৰ স্ব শিকনত প্ৰকৃত সহায়ক হওঁ।


পৃষ্ঠাঃ ৫৫

গল্পঃ

লকডাউনৰ বিয়া

গীতিকা চহৰীয়া
প্ৰবক্তা, ডায়েট,
গোৱালপাৰা
আজি ৰূপা আৰু প্ৰজ্ঞানৰ বিয়া। বিয়াঘৰৰ পৰিবেশ বুলি তেনেই সেমেকা। কিমান যে আশা আছিল বিৰাজ চলিহাৰ বৰপুত্ৰ প্ৰজ্ঞানৰ বিয়াখনকলৈ। ৰূপাৰ ঘৰখনতো একমাত্ৰ কন্যাৰ বিয়াখনকলৈ একেই উৎসাহ। এক বছৰ আগতেই প্ৰজ্ঞানৰ বহুবছৰীয়া প্ৰেয়সী ৰূপাৰ সৈতে বিয়া ভাগ ঠিক কৰি থোৱা আছে। সিহঁত দুয়োৰে বিয়াখনকলৈ এই এবছৰে কিমান যে জল্পনা -কল্পনা।এবছৰ আগৰ পৰাই ৰূপাই জোৰণ আৰু বিয়া দুয়োদিনৰ বাবে বিউটিচিয়ান আৰু ফটোগ্ৰাফাৰ ঠিক কৰি থৈছে নহ'লে বিয়াৰ চিজনত বিউটিচিয়ান আৰু ফটোগ্ৰাফাৰ  পোৱাটো বৰ টান। কাপোৰ-কানিৰ লগতে আন আন লাগতীয়াল বয় বস্তুবোৰো এপদ দুপদকৈ গোটাই আছে লাহে লাহে। বিয়াৰ ৪ মাহ আগৰ পৰাই 'কাউণ্ট ডাউন বিগিনচ্‌' বুলি ফেচবুকত আপডেট দিছে । বিয়াখনকলৈ ৰূপা আৰু প্ৰজ্ঞান সমানেই উৎসাহিত।উৎসাহিত নহ'বই বা কিয়, সিহঁতৰ বাৰ বছৰীয়া  প্ৰেমৰ সম্পৰ্ক সমাজৰ আগত হোমৰ জুইক সাক্ষী কৰি জনমৰ বাবে স্থায়ী হ'বলৈ গৈ আছে।ইমান বছৰে সিহঁতে ঘৰৰ সকলোৰে সন্মতিত এক হোৱাৰ বাবেই সাধনা কৰি আহিছে। দুয়োৱে ভালদৰে পঢ়িছে আৰু দুয়োৱে একে সময়তে টেট পৰীক্ষা পাচ কৰি চাকৰিও পালে। নিজৰ খৰছ নিজে উলিয়াব পৰা হৈছে গতিকে বিয়াখনত কৃপনালি কৰাৰ কথা আহিয়ে নপৰে।কিন্তু ইমান দিনৰ আশা, জল্পনা-কল্পনাত কৰ'না ভাইৰাছে আহি চেঁচা পানী ঢালিলে। প্ৰথম পৰ্যায়ৰ লকডাউন দিওঁতে সিহঁতে ভাবি লৈছিল বিয়া যিহেতু ২৫ এপ্ৰিলত, ১৫ এপিল ত লকডাউন খুলিব গতিকে বিশেষ সমস্যা নহব,  লকডাউনৰ মাজতে ফোনত মানুহ মাতিব। কাপোৰ কানি, আ-অলংকাৰৰ বজাৰ যিহেতু কিছু পৰিমানে কৰি থোৱা হৈছে, ভৱামতে বহুত ধূমধামেৰে নহ'লেও একেবাৰে বেয়াকেও নাযায় বিয়াখন।কিন্তু ক্ৰমাত বাঢ়ি অহা কভিড ১৯ ৰ উপদ্ৰৱ আৰু এটাৰ পিছত আন এটা লকডাউনে  সকলো আশাই যেন ধূলিস্যাৎ কৰিলে। তথাপি এই কথাই কথা নহয় বুলি দৰাৰ দেউতাক আৰু কইনাৰ দেউতাকে আলোচনা কৰি চৰকাৰী নিয়মমতে সীমিতসংখ্যক মানুহ লৈ গৈ নিয়মটো কৰি কইনাজনী লৈ অহাৰ সিদ্ধান্তই ললে। যিহেতু এবছৰ আগতে ঠিক কৰি ৰখা কইনা, আৰু ৰোৱা নাযায়।প্ৰজ্ঞান আৰু ৰূপাৰ মনটো তেনেই সেমেকি গৈছে,। কিমান বন্ধু অহা কথা আছিল বিয়াখনলৈ। আজি ইমান বছৰে সিহঁতৰ প্ৰেমৰ বিষয়ে জনা সকলো বন্ধুৰ মুখত এটাই  কথা তহঁতৰ বিয়াত মাতিবি দেই, খুৱ ফুৰ্তি কৰিম গৈ। এতিয়া এয়াহে হ'ল। ৰূপায়ো আজি এবছৰে ফেচবুকত কইনাৰ ফটো দেখিলেই স্ক্ৰিনশ্বট মাৰি থয় কাপোৰ -অলংকাৰৰ ডিজাইন লবলৈ। মেক- আপ আৰ্টিষ্টৰ লগতো বহুত দিন আগৰ পৰাই কথা পাতি থৈছে, কি ৰঙৰ কাপোৰৰ লগত কেনে ফুল লৱ খোপাত, মাংটিকাটো কপালি ডিজাইনৰ ললে ভাল লাগিব নে টিকলি ডিজাইনৰ ললে ভাল লাগিব। বিয়াৰ দিনা দুপৰীয়া কি ৰঙৰ কাপোৰ পিন্ধিৱ ? আবেলি কি ৰঙৰ পিন্ধিব সকলোবোৰ ভাগে ভাগে যতনাই থৈছে। মুঠতে আজি এবছৰে বয়-বস্তুবোৰ এপদ এপদকৈ যোগাৰ কৰি থোৱাৰ লগতে তাই কইনা সাজত বিয়াৰ দিনটোৰ এখন স্পষ্ট  ছবি মনটে আঁকি ৰাখিছে। বহুতে সান্তনা দিছে লকডাউন খুলিলে ডাঙৰকৈ ৰিচেপচন দিবি, আকৌ বহুতে কয় এই বছৰ আৰু লকডাউন সম্পূৰ্ণকৈ বাতিল হোৱাৰ সম্ভাৱনা ক্ষীণ। মুঠতে সাতে সোতৰই মিলি মানুহবোৰৰ মনবোৰ তেনেই শুকাই গৈছে।প্ৰজ্ঞানৰ মাকৰো আশা আছিল জ্যেষ্ঠ পুত্ৰৰ বিয়াত ন -পুৰণি সকলো আলহীকে বিচাৰিব।  ঘৰখন দেখুৱাব সকলোকে। সেয়ে কইনাজনী তেনেদৰে লৈ অহা কথাটোত প্ৰজ্ঞানৰ মাকে মুঠেই হাত-ভৰি পতা নাই। সি যি কি নহওক বয়োজ্যেষ্ঠ ব্যক্তিসকলে বুজাই বঢ়াই ১০-১২জনমান মানুহ গৈ নিয়মখিনি কৰি কইনাজনী লৈ অহাৰ সিদ্ধান্তই হ'ল। বৰযাত্ৰীৰ সকলোৱে সাধাৰণ একোসাজকৈ কাপোৰ পিন্ধি, মুখত একোখনকৈ  মাস্ক  মাৰি কইনা আনিবলৈ বুলি ওলাল।প্ৰজ্ঞানৰ মাকে পুতেকক আশীৰ্বাদ দি এসোতা কান্দিলে।
      যথাসময়ত প্ৰজ্ঞানৰ বৰযাত্ৰী ৰূপাৰ ঘৰ পালেগৈ।মুখত মাস্ক মাৰি থকা কইনাক যথাসময়ত হোমৰ গুৰিলৈ অনা হল। সকলো সময়তে চেলফি মাৰি, ফটো উঠি ভালপোৱা ৰূপাই বিয়া বুলি এখন ফটোও নুঠিল। বিয়া শেষ হ'লত এতিয়া কন্দা কটাৰ পাল।'বিয়াখন ভৱাধৰণে পাতিব নোৱাৰিলো অ', ছোৱালীজনী এনেকে বিদায় দিৱলগা হ'ল' এইবুলি ইনাই বিনাই কান্দিব লওঁতেই ৰূপাই গম্ভীৰভাৱে মাকক ক'লে, নাকান্দিবা মা, সকলোৱে দেখোন মানুহক ভোজ-ভাত খুৱাই, ধূম-ধামেৰে বিয়া পাতে, মেক-আপ কৰি সাজি- কাচি বিয়া হয়, ভগৱানে  আনতকৈ বেলেগ ধৰণে বিয়াখন পাতি আমাৰ বিয়াখন চিৰস্মৰণীয় কৰাৰ সুযোগ দিছে। মই সেই ব্যতিক্ৰম কাম কৰাৰ সুযোগ হেৰুৱাব নিবিচাৰো। প্ৰজ্ঞানকে ভিতৰ কৰি বিয়াঘৰত উপস্থিত থকা সকলোৱে আচৰিত হৈ ৰূপাৰ পিনে চালে। তাই বিয়াঘৰৰ সকলোকে আচৰিত কৰি বিয়াৰ বাবে সাচি ৰখা টকাৰ পৰা ৭০ হাজাৰ টকা দেউতাকৰ হাতত দি ক'লে, দেউতা, তুমি এই টকাখিনি আমাৰ ওচৰৰ গাওঁকেইখনৰ অভাৱী মানুহখিনিৰ মাজত বিলাই দিবা। তেওলোকে দুসাজ ভালকৈ খাৱলৈ পালে মই সুখী হম আৰু সেয়ে আমাৰ যুগ্মজীৱনৰ বাবে পৰম আশীৰ্বাদ হ'ব। দেউতাকে সুখ-দুখৰ চাকনৈয়াত ৰূপাক  বুকুৰ মাজত সুমুৱাই ললে। প্ৰজ্ঞানে মুখত সন্তোষৰ এটি মিচিকীয়া হাঁহি সানি ৰূপাক এহাতেৰে সাৱটি ভায়েকক কলে, ধন, মোৰ লখিমী কইনাজনীৰ সতে ফটো এটা তোলা। উপস্থিত মানুহখিনিৰ মুখত এটা পৰম সন্তোষৰ হাঁহি ফুটি উঠিল।



পৃষ্ঠাঃ ৫৬
গল্পঃ

আল্পনা

ৰিয়া হাজৰিকা 
ফৰকাটিং, গোলাঘাট
ফোন- 9101612772

      পাঁচফুট বহল বিচনাখনত দুবছৰীয়া আলফুলৰ সৈতে  আল্পনা এতিয়া গভীৰ টোপনিত। মাকৰ খাচকটা ককালত হাত থৈ আলফুলো নিৰ্ভয় মনে নিদ্ৰাত মগ্ন। প্ৰত্যেক সন্তানেই মাক-দেউতাকৰ দেহৰ চিনাকি গোন্ধতে সাহস পোৱাৰ দৰে তাইও নিচিন্ত। খোলা দুৱাৰৰ ফাঁকেৰে সোমাই অহা বতাহজাকত উৰি যোৱা চুলিখিনিয়ে ঢাকি পেলোৱা মুখ খনৰ পৰা অনুৰাগে চুলি কেইদাল আঁতৰাই একেথৰে বহু সময় চাই ৰয়। 
           আল্পনা! কলেজৰ সেই চঞ্চল ছোৱালীজনী। শাৰী শাৰীকৈ ৰুই থোৱা নাহৰৰ কুমলীয়া পাতৰ আঁৰত জিলিকি উঠা নিষ্পাপ মুখখনেই আজি তেওঁৰ সন্মুখত এক নতুন ৰূপত। "হেল্ল' মি: অনুৰাগ, পাহৰি নাযাব এইখন কলেজ হে, পাৰ্ক নহয়।" তেওঁক কেন্দ্ৰ কৰি তাইৰ  প্ৰথম ভাষ্য আছিল। হাঁহি হাঁহি উৰুৱাই দিছিল  অনুৰাগে। অৱশ্যে লগৰ কেইটাৰ সন্মুখত যথেষ্ট লাজো পাইছিল । জীৱনত কাৰো কথা সহ্য কৰিব নোৱাৰা ল'ৰাটোৱে সেইদিনা নীৰৱে ৰৈছিল তাইৰ কাষত। এদিন দুদিনকৈ বছৰ বাগৰি কলেজ শেষ হ'ল। তাৰ প্ৰেম একপক্ষীয় হৈয়ে ৰ'ল।           

          চাকৰিটো পোৱাত অনুৰাগৰ ঘৰত সঘনে বিয়াৰ আলোচনা চলিল। দেউতাকৰ মতে পুৰণি বন্ধু অনিল বৰুৱাৰ জীয়েককে বিয়া কৰাব লাগে। পিছে জীৱন সংগীৰ কথা! এনেকৈয়ে  বিশ্বাসী বন্ধুৰ ছোৱালী হ'ল বুলিয়ে জানো একেষাৰে বিয়াৰ প্ৰস্তাৱ মানি ল'ব পাৰি। তাতে আকৌ কলেজৰ সেই কোমল মনৰ ছোৱালীজনীৰ বাহিৰে আনক পচণ্ডেই নহয় তাৰ। ক'ত বা আছেগৈ তাই ? কলেজীয়া দিনতে যেতিয়া তাইৰ শিশুসূলভ মনটো পাব নোৱাৰিলো এতিয়ানো ক'ত সম্ভৱ! এইবোৰ ভাৱিয়েই অনিচ্ছা স্বত্বেও দেউতাকৰ সিদ্ধান্তক অস্বীকাৰ নকৰি ছোৱালী চাবলৈ বুলি সাজু হৈছিল। 
        সন্মুখত এখন ধুনীয়া ফুলনি। নানা ৰঙৰ ফুলবোৰৰ সৈতে পুৰণি আৰ্হিৰ এটা আটক ধুনীয়া ঘৰ ।  তাৰ বাবে এই ঠাই একেবাৰেই অচিনাকি  যদিও প্ৰতিটো খোজত বিচাৰি পাইছিল তেওঁৰ চিনাকি  কাৰোবাক। 
               আহাঁ, বহা আদিৰে আৰম্ভ কৰি দুই বন্ধুৰ মাজত অনেক আলোচনা। আৰু মাজত  অনুৰাগ হৈ পৰিছিল নীৰৱ শ্ৰোতা। 'ছোৱালী চাবলৈ আহিছেটো ডেকাৰ লাজটো বাঢ়িছে সেয়ে' মাজে মাজে তাকো জোকাইছিল দুই বন্ধুয়ে কিন্তু সেইবোৰলৈ ভ্ৰুক্ষেপেই  নাছিল তাৰ। 
"এয়াই আমাৰ ছোৱালী।" 
হাতত চাহৰ ট্ৰেখন, দেহত এজাৰফুলীয়া মেখেলা-চাদৰযোৰে সন্মূখত এইয়া কলেজৰ সেই মৰমলগা মূখখনৰ গৰাকী। 
" আল্পনা।" তাইক দেখিয়েই সি প্ৰায় চিঞৰি উঠিছিল।কলেজৰ অনুষ্ঠানবোৰত কোৰাজ পৰিবেশনৰ সময়ত পিন্ধা মেখেলা-চাদৰযোৰেৰে তাইক এনেও ধুনীয়া লাগে। তাতে আজি আকৌ এজাৰ ফুলীয়া আৰু আনদিনাতকৈ মৰমলগাকৈও পিন্ধিছে। বয়সৰ লগে লগে শিকিছে চাগৈ, সি মনতে ভাবি ল'লে।
 একেখন কলেজতে পঢ়া দুয়ো ইজনে-সিজনক চিনি পোৱাই নিশ্চয়। ছোৱালীৰ দেউতাকে সুধিছিল। মনৰ মাজত এক অজান আনন্দই দোলা দি মৌন কৰি তুলিছিল সেই মুহুৰ্তবোৰত ।
            দৃঢ়তাৰে আগবাঢ়িছিল দুয়োৰে সম্পৰ্কবোৰ। তেতিয়াৰ শিশুসূলভ মনটো এতিয়া কিছু পৰিমানে গলিবলৈ ধৰিছে যদিও তেওঁলোকৰ মাজত কলেজৰ কথা ওলালেই আজিও তাই পুনৰ লাজত ডুবি পৰে। দুয়োখন ঘৰৰ আলোচনাৰ পিছত আঙুঠি পিন্ধোৱা, বিয়াৰ তাৰিখ ঠিক কৰা, উস! কিমান দিনৰ যে অপেক্ষা। সময়... বহুত সময় লাগে এই অপেক্ষাবোৰৰ অন্ত পৰিবলৈ। কিন্তু বিচৰাবোৰ কাষত পাবলৈ কৰা অপেক্ষাৰো হেনো এটা সুকীয়া আমেজ থাকে। 
                     বিয়া! দৰা-কইনাৰ লগতে সম্পূৰ্ণভাৱে দুয়ো ফৈদৰ আলোচনাৰ পিছতহে প্ৰস্তুত হয় এখন বিয়াৰ। তাৰ পিছতো সেই নিশা কন্যাগৰাকীৰ লগতে আত্মীয় কিমানজনৰ যে ধাৰাসাৰ লোতক বাগৰে। মনৰ মানুহজনীৰ চকুৰ পানীবোৰ বৰ অসহ্যকৰ। অথচ উপাইও নাই।  সমাজ এখনৰ সন্মুখত কেনেকৈনো মুচি দিওঁ তাইৰ দুগালৰ লুনীয়া পানী। মাথোঁ মনে মনে পন কৰিছিলো আজিয়েই কান্দি লোৱা ইয়াৰ পিছত আৰু কোনোদিনেই কান্দিবলৈ নিদিওঁ তোমাক। 
          বিয়াৰ এদিন-দুদিন, মাহ হিচাপে বছৰত ভৰি দিলে। তাহানিৰ সহজ-সৰল ছোৱালীজনী আজিও একেই। দেখাত সদায় ন-কন্যাৰ দৰেই লাগে। কামে-কাজে, ক'তো পিছ পৰি নাথাকে। কি কৰা নাই তাই এইখন ঘৰৰ বাবে। প্ৰতিটো দায়িত্বই তাইৰ ওপৰত। অথচ ভাগৰ অথবা খং-ৰাগৰ নাম মাত্ৰাও প্ৰভাৱ নাই। সেই চঞ্চল ছোৱালীজনীৰ কথা মনত পৰিলে ভাৱিবই নোৱাৰি তাইও যে এদিন এনেকৈ নিয়াৰীকৈ ঘৰ ধৰি খোৱা বোৱাৰী হ'ব পাৰিব।  মাথোঁ আলফুলৰ জন্মৰ  সময়ত তাই আমাক সকলোকে কন্দোৱাইছিল। ডক্টৰে যেতিয়া কৈছিল, মাক আৰু সন্তানৰ ভিতৰত এজনকহে বচাব পাৰিম। আমি সকলোৱে ঈশ্বৰক হাজাৰবাৰ প্ৰণাম কৰি মাকক বচোৱাৰ কথাকে কোৱাৰ পিছতো যেতিয়া নাৰ্চগৰাকীয়ে আইতাকৰ হাতত তুলি দিছিল কনমাণি মাইনাজনীক মাকক হেৰুওৱাৰ ভয়ে বৰকৈ কন্দুৱাইছিল। ভাগ্যে তাৰ বিপৰীত হ'ল।  
            আল্পনা ! সকলোকে সজাই তুলিব পৰাকৈ, সুমধুৰ সৌন্দয্যৰে সচাঁকৈয়ে আল্পনা তুমি। তোমাৰ নামক তুমি জীয়াই তুলিলা আল্পনা। বুকুৰপৰা খহি আহিব ধৰা চাদৰখন পুনৰ ভাল কৰি সিও শুই পৰিল তাইক মৰমেৰে সাৱটি ।।



পৃষ্ঠাঃ ৫৭

গল্পঃ
চিঠি

আদৃতা শিৱম
সোণতলিছিগা,  শিৱসাগৰ

             প্ৰেমৰ কবিতা লিখাৰ বয়সেই আছিল সেইটো ৷ অষ্টমান শ্ৰেণীৰ ধুনীয়া ছোৱালীজাকলৈ চাই ভাল লগাৰ বয়স ৷ তাৰপাচত !! 
এখন চিঠি ৷ লেমৰ পোহৰত নীলা চেলপাৰ্ক চিঞাহিৰে লিখা এখন চিঠি ৷ 
“উৰি উৰি চিঠিখন ঘূৰি ঘূৰি পৰে ৷ 
মৰমৰ মৰমে ঠাপ মাৰি ধৰে ৷”  
শেষত এখিলা আঁহত পাতৰ ছবি ৷ কাড় চিন এডাল তাৰ মাজেদি সৰকাই  “অাই লাভ ইউ ।” গধূলিলৈ নামঘৰৰ ডবাৰ লগে লগে তাৰ পিঠিতো ডবা ৷ 

: পীৰিটি হা ! পীৰিটি ! ফুল কুমলীয়া বয়সতে এইবোৰ লিলিমাই কোনে শিকাইছে হয়নে ! 
লিলিমাই ভনীমাই সি এইবোৰ একো নাজানে ৷ মৰমৰ টনা টনা চকুহালে তাক মাতে ৷ বাপেকৰ মাৰ খাই এইবাৰ সি কি কৰিম নকৰিম ভাবি থাকোতেই উপায় পাই যায়। বন্ধুৱে স্কুলৰ মেগাজিনত কবিতা লিখে আৰু তাক তাৰ ব্যাখ্যা এভাগ আগবঢ়ায় ;
: কবিতা এনেকুৱা এটা বস্তু যাৰ ভাৱাৰ্থ কবিয়ে লিখে কিবা ভাবি পাঠকে বুজে বেলেগ কিবা ৷ যাকলৈ লিখিছ’ তেওঁক এটা ইংগিত দি দিবি ৷ গতিকে কবিতাৰে মৰমলৈ মনৰ বতৰা পঠাব খোজা কথাটো বেচ বুদ্ধিমানৰ কাম ! 
পিচে সি নিজেই কবিতা নুবুজে ৷ তথাপি বন্ধুক কুটুৰি থাকে ; 
: ঐ মোৰ হৈ তয়ে লিখি দে না কবিতা এটা ৷
: তোৰ হৈ চিঠি লিখি কি হ’ল ! তাইৰ হাত নাপালেগৈয়ে ৷ তোৰ পিঠি বহল হ’ল ৷ মই প্ৰেমৰ কবিতা লিখা বুলি গম পালে ঘৰত মোৰো পিঠি নথয় ৷ 
                   চকুত , ওঁঠত ৰং সানি উৰি ফুৰিবৰ মন যোৱা বয়স তাইৰ ৷ দীঘল বেণীত ৰঙা ফিটা বান্ধি কিতাপজাপ বুকুত সামৰি তাই স্কুললৈ যায় ৷ আঁহত গছৰ আঁৰৰ পৰা সি তাইলৈ চায় ৷ আঁৰ চকুৰে চাই মিচিকীয়া হাঁহি এটা উপহাৰ দি যোৱাৰ দিনা জীৱন ধন্য হৈ যায় তাৰ ৷ পিচে মনৰ কথাটো জনাই কেনেকৈ ? তাৰ যিহে কাউৰীঠেঙীয়া আখৰ ! তাই পঢ়িব যে পাৰিব সন্দেহ ৷ সি আকৌ বন্ধুৰ কাষ চাপে ৷ 
: এইবাৰ দিমেই তাইক ৷ তই এখন লিখি দে ৷
নদীৰ পাৰত বহেগৈ দুয়ো ৷ বিজ্ঞানৰ কিতাপখন তলত থৈ সি অংক বহীৰ মাজৰ পাতখিলা ফালি দিয়া কাগজখিলাত বন্ধুৰ গুটি ফুলৰ আখৰ ;
“চৰেনে হৰিণা বৃন্দাবনত, পৰেনে মৰম মোলৈ মনত ৷ জিলমিল খুতুৰা, দি থাকিবা দেই তোমাৰ বতৰা ৷” 
চিঠিৰ শেষত বেঁকা-বেঁকি আখৰৰ ফুল বাচি দিয়ে সি ৷ গৰু বিচাৰি তোলন কাইটি আহে ৷ 
: কি কৰিছ’ তহঁতে ? 
: বিজ্ঞানৰ পাঠ এটা বুজা নাই ৷ ইয়াৰ পৰা অলপ বুজি লৈছো ৷
সি তপৰাই কয় ৷ ভয়ত বন্ধুৰ তালুৰ আগত জীৱ যাওঁ অৱস্থা ৷ চিঠিখনত সি কালিদাসে শকুন্তলাৰ ৰূপৰ বৰ্ণনা দিয়াৰ দৰে মৰমৰ ৰূপৰ বৰ্ণনাৰে যিখন মহাকাব্য লিখিছে কেনেবাকৈ বাপেকৰ হাতত পৰিলে তাৰফালে আধ্যা ৷
মৰমে চিঠিখন পাই ক’ব নোৱৰাজনী হয় ৷ তাই ইমান ধুনীয়ানে ! পত্ৰকাৰে তাইক ইমান ভালপায় যে তাইৰ চকুযুৰিৰ পৰা  আঙুলিকেইটালৈকে কপৌফুলীয়া বৰ্ণনা দিছে ৷ লগৰ কেইজনীক কথাটো ক’বলৈহে পায় ! পঢ়িবলৈ  উথপ্‌থপ্‌ লাগে সিহঁতৰ ! তিনিজনীয়ে জুমি থকাৰ পৰা চিঠিখন উদ্ধাৰ কৰেহি অসমীয়াৰ ছাৰে ৷ আখৰকেইটা চিনাকি তেওঁৰ ৷ সুধিবই নালাগে কাকো ৷ গহীনাই ছাৰে সেইখন চোলাৰ জেপত গুজি থয় ৷ 
হেড ছাৰে লেখি লেখি এক ডজন বেত দিব বুলিয়েই ভাবিছিল সি ৷ পিচে সন্মুখত সিংহ গৰ্জনেৰে খোদ দেউতাক ৷ স্কুলৰ চকীদাৰ পঠিয়াই মতাই আনিছে দেউতাকক ৷ দশম শ্ৰেণীৰ ভোটাতৰা সি ৷ গোটেই স্কুলখনে আশা কৰিছে সি মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব । অাৰু সি ! এতিয়াই যদি মৰমৰ চকুৰ চাৱনিত হাবু-ডুবু খাবলৈ হয় কি হ’ব ভৱিষৎ? চিন্তাৰেই বিষয় ৷ কেনেকৈনো কয় সি চিঠিখন আনৰ নামতহে লিখিছিল ৷ লৰালৰিত বন্ধুৱে ইতিটোহে নিলিখিলে ৷ বন্ধুৰ নামটো লেখিবলৈ পাহৰিলে ৷ জিলিকা আখৰৰ জিলিঙনি ৰৈ গ’ল ৷ হাৰৌপ হাৰৌপ ! 



পৃষ্ঠাঃ ৫৮
ভৌতিক গল্প
পিছল ভূত

ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য
জাঁজী-হাঁহচৰা, যোৰহাট
৯৯৫৪৯৯৬৭০৭

  বায়নৰ চুবুৰীৰ উৎপলৰ  বাঁহীৰ সুৰটো বন্ধ হ'ল। তাৰমানে সি বাঁহী সামৰিলে। অলপ সময়ৰ পাছতে সি কৰবী হতঁৰ পিছফালৰ বাঁহনিৰ বাটৰ মূৰত ৰৈ থাকিব। কৰবী সাজু হ'ল। 
   গাত কাপোৰ লোৱাৰ বহু আগৰে পৰা তাই উৎপলক ভাল পাই। উৎপলেও তাইক ভাল পাই। কিন্তু কৰৱীৰ বাপেকে তাইক উৎপললৈ নিদিয়ে। বাপেকৰ মতে টোকোনা উৎপলে তাইক খোৱাব পিন্ধাব নোৱাৰিব। চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলেও  স্নাতকডিগ্ৰীধাৰী  উৎপলে টিউচন কৰি বিধৱা মাকৰ সৈতে যেনে তেনে চলি আছে। তাৰ মাকৰো বৰ মন কৰৱীক বোৱাৰী কৰি অনাৰ। ইপিনে কৰৱীৰ বাপেকে তাইৰ বাবে চৰকাৰী চাকৰিয়াল ল'ৰা বিচাৰিছে। আহিছেও দুই এক, পিছে বাপেকৰ মন খোৱা নাই। কৰৱীয়ে উৎপলক জোৰ দি আছে,- "নিলে সোনকালে পলুৱাই নিয়া, নহ'লে নিজেই তোমাৰ ঘৰত সোমাই দিম। আৰু সেয়াও যদি নিবিচাৰা তেনে আপোনঘাটি হম, তথাপি আনৰ নহওঁ"।
   দুয়োটাই আলচ কৰি ঠিক কৰিলে সেইদিনাই কামটো কৰিব। উৎপলে অলপ থেৰোঁ-গেৰোঁ কৰিছিল, বোলে "আজি আউঁসী, তাতে মঙ্গল বাৰ। ইপিনে গাঁৱত পিছল ভূতৰ সন্ত্ৰাস।" কৰৱী নাচোৰবান্দা, নিবই লাগিব। উৎপল নিৰুপায়। আবেলিতে কৰৱীয়ে তাইৰ প্ৰয়োজনীয় কেইপদমান সামগ্ৰী, দুই এপদ অলংকাৰ আৰু সাঁচতীয়া টকাকেইটা বান্ধৱী দীপাৰ ঘৰত থৈ আহিল। গাঁৱৰ সকলো শুই নিঃপালি দিলে। তাতে এইকেইদিন গাঁৱত পিছল ভূত ওলাইছে। মানুহবোৰ সন্ধিয়াতে শুই পৰে ভূতৰ ভয়ত। 
তাই হাতত সাৰে ভৰিত সাৰে উঠি আহিল। মাকৰ ভৰিদুটালৈ পোনাই সেৱা এটা কৰিলে। বাপেকক সেৱা কৰিবলৈ যাবলৈ সাহে নুকুলাই। লাহেকৈ পাছফালৰ দূৱাৰ খন খুলি পিৰালিত ভৰি থৈয়ে তাই চিৎকাৰ কৰি উঠিল- আই ঐ মৰিলো ঐ, ভূ....উ..ত...। তাই হাততো লাগিল পিছল আৰু চেঁচা কিবা এটা বস্তুত। বস্তুটো মানুহৰ আকৃতিৰ। তাইৰ চিৎকাৰ শুনি দেউতাক আৰু ভায়েক উঠি বাহিৰ পালেহি। আন্ধাৰত একো নেদেখি। ইফালে পিছল বস্তুটোৱেও ভিৰাই দৌৰ মাৰিলে পিছফালৰ বাহঁনিৰ বাটটোৰ পিনে। কৰৱীৰ হাতত ৰৈ গ'ল এদোখৰ চুৰিয়াৰ দৰে কাপোৰ। ইমানপৰে মহৰ কামোৰ খাই কৰৱীক পলুৱাই নিবৰ বাবে ৰৈ থকা উৎপলেও কৰৱীৰ চিঞৰ শুনি চক খাই উঠিল। সি ভয় খালে। হাতৰ মুঠিত থকা কলমকটাৰী খন টানকৈ ধৰিলে। তেনেতে কিবা এটাই তাক খুন্দামাৰি তাৰ গাৰ ওপৰতে পৰিল। এইবাৰ সি চিঞৰিলে" আই ঔ ভূ...উউ...ত। আগপিছ নাচাই হাতৰ কটাৰীখন সৰ্বশক্তিৰে বহুৱাই দিলে ভূতৰ গাত। এইবাৰ আকৌ ভূতৰ চিঞৰাৰ পাল.... মৰিলৌ ঐ। চিঞৰ মাৰি ভূত পলাল। সম্বিত ঘূৰাই উৎপলেও পৰাৰ পৰা উঠি ঘৰলৈ বুলি দৌৰ মাৰিলে।ঘৰলৈ গৈ দুঘটিমান পানী খাই লেমৰ পোহৰত সি তাৰ গাত তেজ দেখি আচৰিত হল। তাৰ গাতটো আঘাট নাই ,তেজ ক'ৰ পৰা আহিল ? তাৰমানে এয়া ভূতৰ তেজ ! কিন্তু ভূতৰ জানো তেজ থাকে ? সি নিজকে সুধিলে।
  ইফালে কৰৱীৰ ঘৰত গঞাৰ ভিৰ। কৰৱীয়ে আচল ঘটনাটো গাপ দি মাথোঁ কলে যে বৰকৈ তলপেটটো চিকুট মাৰি ধৰাত বাহিৰলৈ বুলি উঠি আহিছিল। তেতিয়াই পিছল ভূতে পালে। কোনোৱাই বেজ অনাৰ কথা কলে, কোনোৱাই আকৌ তাবিজ-দোল-ফঁহতি লোৱাৰ কথা কলে। অনেকে অনেক কথা কলে।
  পিছ দিনা পুৱাহে পিছল ভূতৰ ৰহস্য ওলাল। গাঁৱৰে মাজৰ চুকৰ দীনচোৰৰ পিঠিত হেনো কোনোৱাই ঘপিয়ালে। ঘৈনীয়েকৰ ফটা চাদৰ এখনেৰে পিঠিৰ কটা ঘা বান্ধি সি কৰৱীহঁতৰ ঘৰ পালেহি। আহিয়েই কৰৱীৰ বাপেকৰ ভৰি দুটাত ধৰি কান্দিবলৈ ধৰিলে-" দদাই ঔ মোক ক্ষমা কৰি দে ঐ। কালি তোৰ ঘৰত চোৰ কৰিবলৈ আহি মোৰ এই দশা হ'ল ঐ। পিছল ভূত ময়ে। আজিৰ পৰা আৰু চোৰ নকৰো ঐ দদাই, মোক বচাওক।"
সকলোৱে গম পালে, আচলতে দীনচোৰেহে পিছল ভূতৰ ভাও লৈ গাৱঁত চুৰি কাৰ্য্য সংঘটিত কৰি আহিছিল। 
  কিন্তু গাঁৱৰ মানুহৰ মাজত এটা ৰহস্য ৰহস্যহৈয়ে থাকিল। সেইদিনা নিশা দীনচোৰক ঘপিওৱা মানুহটো কোন আছিল আৰু সি বাঁহনিৰ তলত কি কৰিছিল ?  উৎপল- কৰৱীয়েনো কোনটো নাকেৰে কয় ?



পৃষ্ঠাঃ ৫৯


ৰেচিপিঃ
ব্ৰেড-বাইট্ছ


কৃষ্ণাক্ষী শেনছোৱা
দক্ষিণ আমোলাপট্টী,
ডিব্ৰুগড়, অসম ।
8638067391

আজি মই আপোনালোকলৈ আগবঢ়াইছো অতি সহজতে, কম সময়তে, কম বস্তুৰে ঘৰতে প্ৰস্তুত কৰিব পৰা এটি সুন্দৰ সুস্বাদু ৰেচিপি । যিহেতু ব্ৰেডৰ ৫ দোখৰ (slice) বাকী থকাত ঘৰৰ ৫ জন সদস্যৰ বাবে কি বনাম নবনাম কৈ ভাৱি মচ্মচিয়া ব্ৰেড-বাইট্ছ (bread-bites) কে বনালো ।
উপকৰণ:- 
১/ ৫ দোখৰ (slices) ব্ৰেড (আপোনাযৰ প্ৰয়োজন অনযায়ী ল'ব পাৰে) ।
২/ বেছন- ১.৫ কাপ
৩/ চুজি- ১/২ কাপ
৪/ পিয়াঁজ - ডাঙৰ ১টা (পিহনাত পিহি ল'ব) আৰু জলকীয়া ব্যৱহাৰ নকৰা কাৰণটো হৈছে যিহেতু ব্ৰেডৰ ওপৰত জলকীয়া টুকুৰাবোৰ লাগি থাকে তাৰ ফলত তেলত ভাজি থাকোতেই জ্বলি যায় আৰু সুৱাদটো অলপ তিতা হয় ।
৫/ ৰেড চিল্লী পাউদাৰৰ গুৰি-   ১/২ চাহ চামুচ
৬/ নিমখ সুৱাদ অনুযায়ী
৭/ বেকিং পাউদাৰ- ১/৪ চাহ চামুচ

প্ৰণালী:- প্ৰথমতে ব্ৰেড (slices) ৰ পৰা চাৰিটা বৰ্গ আকাৰৰ টুকুৰা উলিয়াই ল'ব (মই ৫ দোখৰৰ পৰা ২০ টুকুৰা উলিয়ালো) আৰু কাষবোৰ কাটি ল'ব । তাৰ পিছত এটা পাত্ৰত বেছন, চুজি, পিহি লোৱা পিয়াঁজ, ৰেড চিল্লী পাউদাৰৰ গুৰি, নিমখ, বেকিং পাউদাৰ মিহলাই পানী অলপ দি (বেছি পনীয়াও নকৰিব) বেট্টাৰ বনাই ল'ব । এতিয়া সেই বেট্টাৰখিনিত ব্ৰেডৰ টুকুৰাখিনি টিয়াই কেৰাহিত তেল গৰম কৰি অলপ ৰঙচোৱাকৈ ভাজক । সম্পূৰ্ণ হোৱাৰ পিছত ব্ৰেড-বাইট্ছ খিনিৰ ওপৰত অলপ চাট-মচলা ছটিয়াই দি লগতে  চাটনি আৰু কেট্চাপৰ সৈতে গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰক ।




পৃষ্ঠাঃ ৬০


নীলা খামৰ চিঠিঃ


প্ৰতি
      মৰমৰ
          
           কলমৰ আগেৰে নিগৰি অহা মোৰ বিষাদগ্ৰস্ত হৃদয়ৰ মৰমবোৰনো তোমাক কেনেকৈ দিওঁ ? তথাপি অশান্ত মনৰ তাগিদাত বগা কাগজৰ শুভ্ৰতাত বিলাই দিছোঁ নীলৰঙী মৰমৰ আকৰ।  আশা কৰোঁ অনাদৰ নকৰা যেন।
         তোমালৈ চিঠি নিলিখা বহু দিনেই হ'ল। কি বুলিনো লিখোঁ ? মৰম সাগৰৰ সিপাৰে তুমি ইপাৰে মই। বঠাহীন পানছৈয়ে পাৰিব জানো দিব তোমাক মোৰ হৃদয়ৰ বতৰা। নিমখীয়া পানীত দেহ পখালি যোৱা মোৰ চিঠি তুমি হাতত তুলি লোৱা বা নোলোৱা ! মনৰ এই দোমোজাতেই লিখা হোৱা নাই তোমালৈ পুৰাতন স্মৃতি সনা নীলাখামৰ চিঠি। পিছে আজি অশান্ত মনক শান্ত কৰি তুলি লৈছোঁ হাতত কলম, লিখোঁ বুলি তোমালৈ একলম।
           জীৱনৰ আদিম পুৱাতেই ৰ'দালি হৈ ধৰা দিয়া তুমিজনীক পাহৰোঁ বুলিও পাহৰিব পৰা নাই জানা। স্মৃতিৰ কৰণি ভাঙি বাৰে বাৰে বিচৰণ কৰা তুমি মোৰ মনৰ চোতালত। আৰু মই আওৰাওঁ পি কে বিৰ পংক্তি "সুখী হোৱাতো বাদ, সম্প্ৰতি।
সুখী নহ'ম কাহানিও স্মৃতিৰ নিদাৰুণ অত্যাচাৰৰ বাবে" । তোমাৰ বাৰু এনে হয়নে ? আমনি কৰেনে পুৰাতন পৃথিৱীয়ে ? কি যে অপ্ৰাসংগিক প্ৰশ্ন কৰিছোঁ নহয় নে ! তোমাক কিয় আমনি কৰিব বাৰু অতীতৰ ডোলে। তুমিতো স্ব-ইচ্ছাই এৰি গৈছিলা মোৰ পৃথিৱী । এহ‌্ এইবোৰ থাকক দিয়া। এইবোৰ পঢ়ি তুমি অশান্তি হে পাবা। 
          বাৰু কোৱা চোন তোমাৰ ভাল নে ? নতুন ঠাই, নতুন পৰিয়াল, নতুন সঙ্গীক কেনে লাগিছে তোমাৰ ? বহুত সুখত আছা চাগে নহয় ! থাকা তুমি সুখত থাকা। তুমি সুখত থকাটোৱে মই কামনা কৰোঁ। মই যে প্ৰেম পূজাৰী প্ৰেমিক কবি। প্ৰেমক কু-দৃষ্টিৰে চাব নোৱাৰো জানা। বুকুত আজাৰ ফুলীয়া এবুকু বিষাদ লৈ নেদেখা জনক প্ৰৰ্থনা কৰোঁ "তোমাক কুশলে ৰাখক"। ধেৎ পুনৰ  কলমটো অতীতলে দৌৰে। হ'ব আৰু দিয়া আজিলৈ নিলিখোঁ। ভগ্ন হৃদয়ৰ ভগ্নাৱশেষবোৰে বগা কাগজখন লেতেৰা কৰি পেলাব।
           চিঠিখন পঢ়িবা আৰু যদি পাৰা উত্তৰ দিবা।
তোমাৰ প্ৰেমিক

বিষাদ ৰঞ্জন বৰবৰা 


পৃষ্ঠাঃ ৬১

মতামত শিতানঃ

আমাৰ প্ৰশ্নঃ
বৰ্তমান সময়ত বয়োজ্যেষ্ঠ সকলে প্ৰায়ে নৱপ্ৰজন্মক পথভ্ৰষ্ট হোৱাৰ কথা কোৱা শুনা যায়। এই ক্ষেত্ৰত পিতৃ-মাতৃ তথা অভিভাবকে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে ? সু-সন্তান গঢ়ি তোলাৰ ক্ষেত্ৰত সন্তান আৰু পিতৃ-মাতৃৰ সম্বন্ধ কেনে হোৱা উচিত বুলি ভাৱে ?

আপোনাৰ উত্তৰঃ

(শ্ৰেষ্ঠ হিচাপে বিবেচিত মতামত)

          বৰ্দ্ধিত বয়সৰ লগত মানুহৰ মনৰ পৰিৱৰ্তন হোৱাতো এক স্বাভাৱিক প্ৰবৃত্তি l এই প্ৰবৃত্তি মানুহৰ জীৱনৰ শৈশৱৰ পৰা কৈশোৰ বা বয়সন্ধি কাললৈ অগ্ৰসৰ হোৱা সু স্পষ্ট ৰূপ দেখা যায় l এই সময়ত এজন ব্যক্তিৰ শাৰীৰিক , মানসিক দিশত দ্ৰুত বৃদ্ধি হয় l ষ্টেনলি হ'লৰ মতে, এই সময়চোৱা উৎপীড়ন আৰু কষ্টৰ সময় l কৈশোৰ কালত ব্যক্তিসকল বিভিন্ন সমস্যাৰ সন্মুখীন হয় l যেনে: যৌন সমস্যা, সামাজিক সমাযোজনৰ সমস্যা, মনোৰঞ্জনৰ সমস্যা , মানসিক জটিলতাৰ সমস্যা ইত্যাদি l এই সময়ত এজন ব্যক্তিৰ কিছুমান প্ৰয়োজনীয়তা বা চাহিদা থাকে l যেনে -মুক্ত স্বাধীনতাৰ প্ৰয়োজন ,মুক্ত সক্ৰিয়তাৰ প্ৰয়োজন , সামাজিক জীৱনৰ প্ৰয়োজন , আত্মনিৰ্ভৰশীলতাৰ প্ৰয়োজন ইত্যাদি l   
                   কিশোৰসকল অপৰাধ প্ৰৱণতাৰ ভাৱনাত পৰা বুলি আমি তেওঁলোকৰ বিভিন্ন ধৰণৰ আচৰণৰ পৰা জানিব পাৰোঁ বা অনুমান কৰিব পাৰোঁ l তাৰে কিছুমান আচৰণ হ'ল -মাক -দেউতাকৰ অবাধ্য হৈ পৰা , মাক-দেউতাক বা পৰিয়ালৰ আন জ্যেষ্ঠ সকলৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱা ,স্কুললৈ বুলি ওলাই গৈ স্কুললৈ নগৈ অন্য ক'ৰবাত সময় কটাই স্কুল ছুটিৰ সময়ত ঘৰলৈ ঘূৰি অহা, ৰাগিয়াল দ্ৰব্য সেৱন কৰা, বাট পথত জুম বান্ধি আড্ডা দিয়া ,মহিলা আৰু যুৱতীৰ প্ৰতি অশ্লীল মন্তব্য কৰা ,ৰাজহুৱা স্থানত অশ্লীল ছবি আঁকি থৈ অহা ,দলিয়াই ফৰ্মুঠিয়াই ৰাজহুৱা সম্পত্তি আদিৰ ক্ষতি সাধন কৰা, মিছা কথা কোৱা ,অপৰাধ ঢাকি ৰখা ইত্যাদি l 
           কৈশোৰসকল অপৰাধ প্ৰৱণ হৈ উঠাৰ বিভন্ন কাৰণ সমূহৰ ভিতৰত প্ৰথমেই আমি ঘৰুৱা পৰিৱেশৰ কথা ক'ব পাৰোঁ l ল'ৰা-ছোৱালীৰ সু-চৰিত্ৰ গঠনত ঘৰুৱা সুস্থ পৰিৱেশৰ বহুখিনি অৱদান থাকে l ঘৰুৱা পৰিৱেশ  যদি অশান্তিকৰ হয় তাৰ প্ৰভাৱ ল'ৰা -ছোৱালীৰ ওপৰত পৰা দেখা যায় l উদাহৰণস্বৰূপে -মাক -দেউতাকৰ মাজত হৈ থকা কাজিয়া ,ইজনে সিজনক কৰা বেয়া ব্যৱহাৰ, দেউতাক বা আন জ্যেষ্ঠ সদস্যই ৰাগিয়াল বস্তু সেৱন কৰা, জুৱা খেলা ইত্যাদি l এইবোৰ কাৰণত ল'ৰা-ছোৱালীৰ মন কেতিয়াবা ঘৰৰ প্ৰতি অনিহাভাৱেৰে ভৰি পৰে l ফলত ল'ৰা - ছোৱালী বিপথে পৰিচালিত হ'ব পাৰে l দ্বিতীয়তে, অত্যাধিক দৰিদ্ৰতা আৰু অত্যাধিক প্ৰাচুৰ্যৰ কথা ক'ব পাৰি l দৰিদ্ৰতাৰ বাবে কেতিয়াবা কিশোৰ-কিশোৰীসকলে সমনীয়াৰ সৈতে বহু ক্ষেত্ৰত খাপ খাই চলিব নোৱাৰি চৌৰ্য বৃত্তি অৱলম্বন কৰা দেখা যায় l অত্যাধিক প্ৰাচুৰ্যৰ বাবেও কিশোৰ-কিশোৰীসকল বিপথে পৰিচালিত হোৱা দেখা যায় l এইখিনি সময়ত টকাৰ মূল্য তেওঁলোকে বুজি পোৱা হৈ নুঠে কিয়নো নিজে টকা নঘটে l সেয়ে মাক -দেউতাকৰ পৰা পোৱা টকা জধে-মধে আৰু বেয়া দিশত খৰছ কৰা দেখা যায় l উদাহৰণস্বৰূপে ৰাগিয়াল বস্তু ক্ৰয় কৰা l অত্যাধিক শাসনেও ল'ৰা ছোৱালীৰ মন বিদ্ৰোহী কৰি তুলে l শাস্তিৰ ভয়ত তেওঁলোকে জ্যেষ্ঠজনৰ পৰা বহু কথা লুকুৱাৰ চেষ্টা কৰে l তেনেদৰেই সেই অভ্যাস ক্ৰমে গঢ়ি উঠে l আনহাতে ঘৰুৱা শাসন শিথিল হ'লেও বহু ল'ৰা-ছোৱালীয়ে তাৰ সুযোগ গ্ৰহণ কৰে l  বহু অভিভাৱকে অত্যাধিক সন্তানপ্ৰীতিৰ বাবেই নিজৰ ল'ৰা-ছোৱালীক শাসনৰ নামত কোনো পদক্ষেপ গ্ৰহণ নকৰে l তাৰ বিপৰীতে সন্তানৰ সৰু সৰু ভুলবোৰ আওকান কৰে তেনেকৈয়ে সৰু অপৰাধেই ডাঙৰ ৰূপ লয় l. অপৰাধ প্ৰৱণতা ৰোধ কৰিবৰ বাবে অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী তথা সমাজে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব পাৰে l 
     সু-সন্তান গঢ়ি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ সম্পৰ্ক বন্ধুত্বসুলভ হ'ব লাগেl সন্তানৰ সৈতে অভিভাৱকৰ এনে এটা ওচৰ সম্বন্ধ থাকিব লাগে, যাতে তেওঁলোকে মুখামুখী হোৱা সমস্যাসমূহ অভিভাৱকৰ লগত মুকলিমুৰীয়াকৈ আলোচনা কৰিব পাৰে l তেওঁলোকক এইবোৰ বুজাই দিয়া উচিত পৃথিৱীত মাক-দেউতাকেই তেওঁলোকক নি:স্বাৰ্থভাৱে  ভাল পায় আৰু ভাল হোৱাতো বিচাৰে l  সেয়ে সকলো কথা মাক-দেউতাকৰ আগত মুকলি হোৱা উচিত l ঘৰুৱা পৰিৱেশ সুস্থ আৰু আধ্যাত্মিক ভাৱাসম্পন্ন হ'ব লাগে l কিয়নো মাতৃ গৰ্ভতেই  শিশুটিয়ে ভাল- বেয়া দুয়োটাই শিকে l উদাহৰণত আমি প্ৰহ্লাদ আৰূ অভিমান্যুৰ কথা ক'ব পাৰোঁ l.                                                                    
       ঘৰ এখনৰ দৈনন্দিন পৰিবেশ  এটাই সন্তানসকলৰ ভবিষ্যত নিৰ্ধাৰণ কৰে l সেয়েহে পৰিয়ালৰ প্ৰতিজন সদস্যৰ মাজত মিলাপ্ৰীতি তথা ইজনে -সিজনক সহায়কৰা মনোভাৱ থাকিব লাগিব l. তেতিয়াহে সন্তানো ভৱিষ্যতে সহনশীল আৰু পৰোপকাৰী হ'ব l অভিভাৱকসকল যিমানেই ব্যস্ত নাথাকক লাগিলে সন্তানে কি কৰিছে তাৰ মাজতে সময় উলিয়াই চাব লাগে l  
   সু-সভ্য এখন সমাজ আমাৰ সপোন l   এনে সমাজ গঢ়িবৰ মূল চালিকা শক্তি আমাৰ সন্তানসকলক প্ৰকৃত মানুহ হিচাপে গঢ় দিব লাগিব l আমাৰ পিতৃ-মাতৃ তথা অভিভাৱকৰ দায়িত্ব হ'ল শিশুসকলক আৱেগৰ বশৱৰ্তী নহৈ বিবেকৰ দ্বাৰা পৰিচালিত হ'বলৈ   শিক্ষা প্ৰদান কৰা l

সোনালী শইকীয়া
জিলা: যোৰহাট [টিয়ক] 
দূৰভাষ: ৬০২৬০৪১০৪৩
ডাকঘৰ: আমতল[৭৮৫৬৮২]

***

            সাম্প্ৰতিক সময়ত সন্তানক উপযুক্তভাৱে গঢ় দিয়াটো পিতৃ - মাতৃ তথা‌ অভিভাৱকৰ প্ৰধান কৰ্তব্য । আজিৰ সন্তানক পুৰণিকলীয়া ধ্যান ধাৰণাৰে প্ৰতিপালন কৰিবলৈ বিচৰা উচিত নহয় | যুগৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ জীৱন যাত্ৰা আৰু ৰুচিবোধৰ পৰিবৰ্তন ঘটে | সেয়ে নৱ প্ৰজন্মক সময়ৰ লগত খোজ মিলাব পৰাকৈ গঢ়ি তুলিব লাগিব | তাৰবাবে পিতৃ-মাতৃ তথা অভিভাৱকে বৈজ্ঞানিক দৃষ্টিভংগীৰে আৰু মনোবিজ্ঞানৰ সূত্ৰ আৰু নীতিৰে আজিৰ নৱ প্ৰজন্মক নিয়ন্ত্ৰণ কৰিব লাগিব | তদুপৰি পিতৃ-মাতৃয়ে আদৰ্শ পিতৃ-মাতৃৰ ভূমিকা পালন কৰিব লাগিব | অৰ্থাৎ পিতৃ-মাতৃৰ আচৰণ, চাল-চলন আদি আদৰ্শনীয় হোৱা দৰকাৰ | মুঠতে অভিভাৱকত্বৰ কৌশলসমূহ সাৱধানতাৰে অৱলম্বন কৰি নিজৰ সন্তানক আৰু নিজকে শাসিত কৰিব পাৰিব লাগিব |
          সু - সন্তান গঢ়ি তুলিবলৈ হ'লে পিতৃ-মাতৃয়ে সন্তানক কি প্ৰয়োজন, তেওঁলোকৰ বন্ধু-বৰ্গৰ কথা, দিনটোত স্কুলত কৰা কাম-কাজৰ কথা, কিবা অসুবিধা হৈছে নেকি, খোৱা-বোৱাৰ কথা আদি কথাবোৰ খোলাখুলিকৈ পাতিবলৈ সময় দিব লাগে | বিশেষকৈ যৌৱনপ্ৰাপ্ত সন্তানৰ  লগত পিতৃ-মাতৃৰ আচৰণ বন্ধুৰ দৰে হোৱা উচিত ,যাতে সন্তানে কোনো সংকোচ নকৰাকৈ যিকোনো কথা পিতৃ-মাতৃৰ আগত ব্যক্ত কৰিব পাৰে | তদুপৰি কোনবোৰ কামৰ প্ৰতি সন্তানৰ আগ্ৰহ বেছি, সেই কথাবোৰ পিতৃ-মাতৃয়ে অনুধাৱন কৰিব লাগে আৰু সেইমতে সন্তানক উচিত দিশবোৰত আগবাঢ়ি যোৱাত সহায় কৰিব লাগে |

চন্দ্ৰলেখা বৰুৱা
হ'লগুৰি (চেপন) 
      শিৱসাগৰ 
     ফোন নং : 8638029161

আগন্তুক সংখ্যাৰ বাবে মতামত  শিতানৰ প্ৰশ্ন

শিক্ষাখণ্ডৰ প্ৰধান অংগ পুথিভঁৰালৰ উন্নয়নৰ বাবে আমি কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰোঁ ?

উক্ত প্ৰশ্নটোৰ উত্তৰ চমুকৈ লিখি আমালৈ প্ৰেৰণ কৰক।

উল্লেখ্য যে মতামত শিতানৰ উত্তৰ দিওঁতা শ্ৰেষ্ঠজনক পুৰস্কৃত কৰা হ'ব।

মতামত প্ৰেৰণৰ বাবে প্ৰয়োজনীয় হোৱাটচএপ নম্বৰঃ 6000709096

Email: ankuran2014@gmail.com



পৃষ্ঠাঃ ৬২


নিয়মীয়া শিতানঃ

জ্ঞানৰ সঁফুৰা

১) বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি?

২)বায়ুত নাইট্ৰ'জেনৰ পৰিমাণ শতকৰা কিমান ভাগ?

৩)চন্দ্ৰৰ লগত সম্পৰ্ক থকা গ্ৰহটোৰ নাম কি?

৪) নবেল বঁটা পোৱা প্ৰথম ভাৰতীয় বিজ্ঞানীজনৰ নাম কি?

৫) অসমৰ কৃষিজাত প্ৰধান ৰপ্তানি বস্তুবিধৰ নাম কি?

৬) পৃথিৱীৰ আটাইতকৈ দীগল পৰ্বতখনৰ নাম কি?

৭)স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

৮) শৰীৰৰ উত্তাপ জোখা যন্ত্ৰটোৰ নাম কি?

৯)অসমৰ প্ৰথম মূখ্যমন্ত্ৰী কোন আছিল?

১০)কোনে সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল?

(উল্লেখিত প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি আমালৈ প্ৰেৰণ কৰক। শুদ্ধ উত্তৰ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। শুদ্ধ উত্তৰসমূহৰ লগতে আপোনাৰ নাম, ঠিকনা 91275 64124 নম্বৰলৈ হোৱাটচএপ যোগে প্ৰেৰণ কৰক। উত্তৰ প্ৰেৰণৰ অন্তিম তাৰিখ 25 ছেপ্টেম্বৰ 2020)

(যোৱাসংখ্যাৰ জ্ঞানৰ সঁফুৰাৰ উত্তৰ সমূহ:মাজুলী, অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত, প্ৰায় ১০০ বৰ্গ কিলোমিটাৰ,  প্ৰথম ,ভাৰতৰ মৌচিনৰাম, ধান ,মেঘালয় ,ত্ৰিপুৰা , অসম ,উত্তৰ দিশত  ৷

উল্লেখযোগ্য যে যোৱা সংখ্যাত শুদ্ধ উত্তৰ কোনেও দিব নোৱৰাত বিজয়ী ঘোষণা কৰিব পৰা নগ'ল ৷



পৃষ্ঠাঃ ৬৩


নিয়মীয়া শিতানঃ

শব্দৰ যট্পট্

(তলত কেইটামান সঘনে ব্যৱহাৰ হৈ থকা শব্দৰ আখৰসমূহৰ স্থান সলনি কৰি দিয়া হৈছে। শব্দসমূহ শুদ্ধকৈ লিখি আমালৈ প্ৰেৰণ কৰক। আটাইকেইটা শব্দৰ শুদ্ধ ৰূপ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। 91275 64124 নম্বৰৰ হোৱাটচএপত উত্তৰসমূহ প্ৰেৰণ কৰক। জমা দিয়াৰ অন্তিম তাৰিখ 25 ছেপ্টেম্বৰ 2020।)

১/ ৰিকৰিকা
২/ তিংকিই
৩/ দপ্ৰমা
৪/গ্ৰস্থধাবা
৫/মঙ্গৰঞ্চ
৬/নাঞ্জনীলা
৭/ণিকাৰুক
৮/পন্থাৰ্যকা
৯/ স্পমাপ্ৰেদ
১০/ কুশুপৰণ্ড
..................................................

যোৱা সংখ্যাৰ শুদ্ধ উত্তৰ সমূহঃ কলডিল,মানসিকতা, দুৰ্যোধন,জাতিস্কাৰ, জ্ঞানজ্যোতি, নিশকটীয়া,ৰামবিজয়, চিত্ৰলেখা ,নাচোৰ-বান্দা, নতশিৰ।

যোৱা সংখ্যাৰ শুদ্ধ উত্তৰ দিওঁতা আস্থাৰাণী শইকীয়া, মৃদুস্মিতা গগৈ, মৌচম প্ৰিয়ম নাথ, সুদীপ্ত নয়ন নাথ। এই সংখ্যাৰ লটাৰী যোগে হোৱা বিজয়ী প্ৰতিযোগী আস্থাৰাণী শইকীয়া। অভিনন্দন আস্থাৰাণী শইকীয়া।



পৃষ্ঠাঃ ৬৪

মডেল পৃষ্ঠাঃ

(মডেল পৃষ্ঠাৰ বাবে আপুনিও আমালৈ আপোনাৰ নাম, ঠিকনা লিখি ফটো প্ৰেৰণ কৰিব পাৰে। ফটোসমূহ 9678696861 নম্বৰত উপলব্ধ হোৱাটচএপলৈ প্ৰেৰণ কৰক। অহা সংখ্যাত প্ৰকাশৰ বাবে ফটো প্ৰেৰণৰ অন্তিম তাৰিখ 25 ছেপ্টেম্বৰ 2020)


১। অনুৰাধা কোঁৱৰ (৪ বছৰ)
টীয়ক চাউদাং গাঁও, যোৰহাট





পৃষ্ঠাঃ ৬৫

শেষ পৃষ্ঠাৰ কলমঃ

ৰাসলীলা: এক চমু বিশ্লেষণ

পৰিণীতা কলিতা
সহ সম্পাদক অঙ্গন 
ভ্ৰাম্যঃ ৯১২৭৫৬৪১২৪

 ৰাসলীলাৰ ' ৰাস ' শব্দটো নিষ্পন্ন হৈছে ' ৰস'ৰ পৰা ৷ ৰস শব্দই বুৎপত্তিগতভাৱে ' ৰসিত' বা আস্বাদিত অৰ্থ নিৰুপণ কৰে ৷ কোনোৱে কয়, শ্ৰী কৃষ্ণই ' ৰাসলীলা ' বা ৰাস উৎসৱ কৰিছিল পৃথিৱীত প্ৰেম-ভালপোৱাৰ বিস্তাৰ ঘটোৱাৰ লগতে তথা শান্তিৰ  বাৰ্তা প্ৰকাশ কৰিবলৈ ৷ ' প্ৰেমে'ই যে জীৱনৰ মূল ৷ সেয়া ভগৱান শ্ৰী কৃষ্ণই জগতবাসীক শিকাইছে ৷ "we are nothing, love is everything…!
   শাৰদীয় শুভ্ৰ জোনাকৰ স্নিগ্ধ পোহৰত যমুনাৰ বালিত কদম গছত বহি মোহন বাঁহী বজাই শ্ৰী কৃষ্ণই বৃন্দাবনৰ গোপীসকলক কামভাৱ জগাই তুলিছিল ৷ ইফালেদি শ্ৰীকৃষ্ণক পতি হিচাপে পাবলৈ পূজা কৰা গোপীসকলে ৰোমাঞ্চিত হৈ নিজৰ পতি-পুত্ৰ এৰি ঘৰৰ পৰা উধাতু খাই আহি কামপীড়াত মত্ত হৈছিল ৷ ৰাসোৎসৱৰ মূলতঃ সেয়াই ৷
     ৰাসলীলাৰ প্ৰকৃতাৰ্থত প্ৰকৃতি আৰু পুৰুষৰ ৰমন, আত্মা আৰু পৰমাত্মাৰ মিলন তথা ভক্ত আৰু ভগৱানৰ গভীৰ শ্ৰদ্ধা লগতে আলিংগনৰ এক সুন্দৰ নিদৰ্শন ৷ ' ৰাস ' শব্দৰ আভিধানিক অৰ্থ হ'ল ' মণ্ডলীকৃত নৰ্তনম' অৰ্থাৎ মণ্ডলাকাৰ হৈ ঘূৰি ঘূৰি কৰা নৃত্য ৷ এই নৃত্যত অনেক নৰ্তকীয়ে মণ্ডলাকৃতিৰে মাজত এজন নৰ্তক লৈ আমোদজনক অনেক ভংগীৰে বিভিন্ন তালত নৃত্য কৰে ৷ ব্ৰজধামৰ নৰ্তকীসকলে শ্ৰীকৃষ্ণক মূখ্য নৰ্তক হিচাপে লৈ মদনোল্লাস হৈ নৃত্য কৰিছিল ৷ এইদৰে নৃত্য কৰি তেওঁলোকে শ্ৰীকৃষ্ণৰ অপৰূপ সৌন্দৰ্য, স্পৰ্শ আৰু প্ৰেমালাপেৰে মনোবাঞ্চা পূৰণ কৰিছিল ৷ এই ৰাসলীলা শৰৎ কালৰ জোনাকত হোৱাৰো এক তাত্বিক বিশ্লেষণ আছে ৷ মানৱ জীৱন হৈছে  পঞ্চভূতৰ সমষ্টি, আত্মাই শৰীৰ ত্যাগ কৰাৰ লগে লগে মানৱ দেহ পঞ্চভূতত বিলীন হয় বুলি হিন্দু ধৰ্মত বিশ্বাস কৰে ৷ পঞ্চভূতৰ এটা প্ৰধান অংশ হৈছে আকাশ আৰু এই আকাশ হৈছে ভগৱান বিষ্ণুৰ অধীন ৷ বছৰটোৰ ভিতৰত শৰৎ কালৰ জোনাকী আকাশখনেই আটাইতকৈ নিৰ্মল হৈ থাকে আৰু শৰৎ কালৰ এই নিৰ্মল আকাশৰ তলতেই ভগৱান বিষ্ণুৰ অন্য এটি ৰূপ শ্ৰীকৃষ্ণই ভক্তৰ মনৰ বাঞ্চা পূৰণৰ বাবে ৰাসলীলা কৰে ৷ শাৰদীয় জোনাকী আকাশখনেও এই সময়ত ৰাস মণ্ডলৰ ৰূপ লয় ৷ যমুনাৰ তীৰত যেনেকৈ কৃষ্ণক মধ্যত লৈ গোপনাৰীসকলে চক্ৰাকাৰে ঘূৰি নাচে ৷ ঠিক তেনেকৈয়ে চন্দ্ৰক কেন্দ্ৰ কৰি আকাশত গ্ৰহ-নক্ষত্ৰৰে 'ৰাসমণ্ডল ' সৃষ্টি কৰে ৷ আকাশৰ এই শোভা অকল শাৰদীয় জোনাকতহে দেখিবলৈ পোৱা যায় ৷
    বহু সমালোচকে ৰাসৰ লগত মানৱ দেহৰো সম্বন্ধ আছে বুলি ক'ব খোজে ৷ তেওঁলোকে বৃন্দাবনৰ ২৫ খন বনৰ লগত মানৱ দেহৰ ২৪ তত্ব অৰ্থাৎ ২৫ খন বৱ সদৃশ দেহ জগতত জীৱাত্মাৰ প্ৰতি যি দূৰ্বাৰ আকৰ্ষণ সেয়ে ৰাসক্ৰীড়া ৷
  ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁৰ তত্বকথাত লিখিছে -'দৰাচলতে যোগমায়াৰ ৰতিক্ৰীড়াৰ দৰে দেখা গৈছিল ৷ স্বৰূপাৰ্থত এয়া জীৱ ঈশ্বৰৰ এক গোকুলৰ গোৱালসকলেও ৰাসক্ৰীড়া চলি থকা সময়খিনিতো গোপীসকলক একেই শয্যাত শুই থকা পাইছিল 
 আনকি যশোদাৰ কাষতো শিশু কৃষ্ণ শুই আছিল ৷
 ' শৰত কালৰ ৰাত্ৰি অতি বিতোপন ৷
ৰাসক্ৰীড়া কৰন্তে কৃষ্ণৰ ভৈল মন ' ৷
ৰাসলীলা আখ্যানভাগ আমি পাওঁ শ্ৰীমদ্ভাৱতত ৷ অষ্টদশ পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ তথা পুৰাণ সূৰ্য হিচাপে স্বীকৃত এইখন গ্ৰন্থত উল্লেখ কৰিছে যে -ধানৰ  বাকলিৰ তলত যেনেদৰে অন্ন লুকাই থাকে এই ৰাসক্ৰীড়াতো ভগৱন্তৰ সৈতে ভক্তাৰ আন্তৰিক মিলনহে বৰ্ণিত হৈছে ৷ ৰাসক্ৰীড়াৰ বাহিৰৰ আৱৰণত শৃংগাৰ বা আদিৰসে প্ৰধান্য লাভ কৰিছে ৷ যদিও ইয়াৰ মাজতে অন্নৰূপী আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ কথাখিনি প্ৰচ্ছন্ন হৈ আছে ৷ সাংসাৰিক আসক্তিত পৰি সাধাৰণ লোকে ভগৱানৰ প্ৰতি আকৃষ্ট নহ'বও পাৰে ৷ সেয়ে বহুসময়ত লৌকিক ৰসৰ জৰিয়তে ভাগবৎ ভক্তিলৈ সৰ্বসাধাৰণৰ মন ঢাল খোৱাবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ সেইবাবেই মহাপুৰুষ শংকৰদেৱে ৰাসলীলাৰ বিষয়ে লিখিছে -
শৃংগাৰ ৰসে আছে যাৰ ৰতি ৷
আকে শুণি  হোক নিৰ্মল মতি।।
আনহাতে, তেৰাৰ মতে এয়া হ'ল -
" কামজয় নামে ইটো কেশৱৰ কলি!"
প্ৰসংগক্ৰমে স্মৰণযোগ্য যে ৰাস প্ৰধানত: এক নৃত্য বিশেষ ৷ মণ্ডলাকাৰে এই নৃত্য অসংখ্য নৰ্তকীয়ে পৰিৱেশন কৰে আৰু এজন নৰ্তকে কেন্দ্ৰত স্থিতি লৈ নৃত্য কৰে ৷ এই নৃত্যক হল্লীশক নৃত্য বোলা হয় ৷ এই হল্লীশক নৃত্যই বিবিধ তাল, গতি, চলন সমন্বিতে পৰিৱেশন হ'লেহে ই ৰাসনৃত্য নাম লাভ কৰে ৷ আকৌ এটা কথা মন কৰিবলগীয়া যে ভাগৱতত 'ৰাধা' নামৰ চৰিত্ৰটোক এই নৃত্যৰ প্ৰসংগত উল্লেখ কৰা হোৱা নাই, কিন্তু আন কেইবাখনো পুৰাণত যেনে:  ব্ৰহ্মবৈৱৰ্ত পুৰাণ, নাৰদ পঞ্চৰাত্ৰ, গাৰ্গৰ সংহিতাত ৰাধাৰ কথা বিস্তৃতভাৱে উল্লেখ কৰিছে ৷ সেয়ে সমালোচকসকলে ৰাধা চৰিত্ৰটি পৰৱৰ্তীকালৰ সৃষ্টি বুলি মত পোষণ কৰে ৷


পৃষ্ঠাঃ ৬৬

ঘোষণাঃ

লেখা আহ্বান


লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 ছেপ্টেম্বৰ, 2020

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হাততো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।




পৃষ্ঠাঃ ৬৭
বেটুপাত ৩ঃ

প্ৰকাশ পালে** প্ৰকাশ পালে** প্ৰকাশ পালে** প্ৰকাশ পালে**
২৯ বছৰীয়া শিক্ষকতা জীৱনৰ অভিজ্ঞতাৰে ৰচিত
বাচাৰাম দলেৰ প্ৰৱন্ধ সংকলন
শিক্ষকতাৰ আলেখ্য



প্ৰকাশকঃ
অংকুৰণ প্ৰকাশন, যোৰহাট
মূল্য ঃ
৪৮০ টকা।
আপোনাৰ কপীটোৰ বাবে আজিয়েই 8638310699 নম্বৰত যোগাযোগ কৰক।


পৃষ্ঠাঃ ৬৮

বেটুপাত ৪ঃ






Post a Comment

0 Comments