অঙ্গনঃ সপ্তম বৰ্ষঃ ৩ নং সংখ্যা


১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
96786968616000709096/ 9127564124.

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 এপ্ৰিল 2026.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 5
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 7
👉প্ৰবন্ধ : পৃষ্ঠা-- 8-10
👉ধাৰাবাহিক: পৃষ্ঠা--11
👉অণুগল্প: পৃষ্ঠা: 12--14
👉অনুবাদ সাহিত্য : পৃষ্ঠা:15-16
👉কবিতা: পৃষ্ঠা--17-36
👉গল্প: পৃষ্ঠা--37-39
👉শেষ পৃষ্ঠাৰ  প্ৰৱন্ধ : পৃষ্ঠা-- 40

অঙ্গন: পৃষ্ঠাঃ 6
অঙ্গন
(মাহেকীয়া ই আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ

সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা

উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া

ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

অঙ্গন: পৃষ্ঠাঃ 7
সম্পাদকীয়ঃ

ইৰাণ-আমেৰিকা-ইজৰাইলৰ যুদ্ধ

আমি সকলোৱে অৱগত যে বৰ্তমানেও আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে৷ এই যুদ্ধই ইতিমধ্যে তিনিটা সপ্তাহ পাৰ কৰিছে৷ এই যুদ্ধৰ ফলতেই বৰ্তমান বিশ্বৰ বহু কেইখন দেশত গেছ, তেলৰ অভাৱে দেখা দিছে যাৰ ফলশ্ৰুতিত লাহে লাহে অন্যান্য বয়-বস্তুৰ দামো বাঢ়িবলৈ ধৰিছে৷ কিয়নো, প্ৰতিটো সামগ্ৰীৰ লগতে যাতায়তৰ এটি বিশেষ ভূমিকা থাকে৷ যদি যাতায়তৰ খৰচ বৃদ্ধি পায় তেন্তে ইয়াৰ ফলত সামগ্ৰীৰ দামো বৃদ্ধি হয়৷

এই যুদ্ধখনৰ আচল কাৰণ বাৰু কি? কিয় বাৰু হঠাতে আমেৰিকাই আক্ৰমণ কৰি ইৰাণৰ এখন বিদ্যালয়ৰ শ শ ছাত্ৰীৰ জীৱন ধ্বংস কৰি পেলালে? সততে শুনা যায় যে আমেৰিকাই সদায়েই মানৱতাক আগস্থান দিয়ে৷ আমেৰিকাৰ আক্ৰমণত সাধাৰণতে নিৰিহ লোকৰ মৃত্যু নহয়৷ তেন্তে এই আক্ৰমণৰ উদ্দেশ্য কি? ইতিমধ্যে আন্তৰাষ্ট্ৰিয় পৰ্যায়ৰ সংবাদ মাধ্যমত এই যুদ্ধখনৰ বিভিন্ন কাৰণ বৰ্ণনা কৰা হৈছে যদিও এটা শব্দত ক’বলৈ গ’লে এয়া এক প্ৰকাৰৰ লোভ৷ আমেৰিকাই পূৰ্বতেও অতি সাধাৰণ কিছুমান কাৰণতে অন্য দেশৰ ওপৰত আক্ৰমণ কৰাৰ আঁৰত সদায়েই লুকাই থাকে ব্যৱসায়িক লাভালাভৰ অংক৷ গতিকে এইবাৰো এটি সন্দেহৰ দোহাই দি ইৰাণৰ ওপৰত আক্ৰমণ চলোৱা হ’ল৷ সন্দেহটো হৈছে ইৰাণে গোপনে পাৰমাণৱিক অস্ত্ৰ ৰাখিছে৷ এইদৰেই সংবাদ মাধ্যমত প্ৰচাৰ কৰা হ’ল যদিও প্ৰকৃত কাৰণটো হৈছে ইৰাণৰ হাতত থকা তেলৰ ভাণ্ডাৰসমূহ নিজৰ অধীনলৈ নিয়া৷ এই কথা এতিয়া সকলোৱে বুজি পাইছে৷ এই ক্ষেত্ৰত ইজৰাইলৰ ভূমিকাও অতিকৈ গুৰুত্বপূৰ্ণ৷ লাহে লাহে সকলোৱে বুজি পাইছে যে ইজৰাইলে এই যুদ্ধখনৰ পাতনি কেৱল তেলৰ বাবে সংঘটিত কৰা নাই৷ লগতে ইৰাণে পাৰমাণৱিক শক্তিৰ উন্নতি সাধন কৰিছে নে নাই তাৰ ওপৰতো এই ইজৰাইলৰ আক্ৰমণ নিৰ্ভৰশীল নহয়৷ বিজ্ঞসকলে মত পোষণ কৰিছে যে ইজৰাইলে আমেৰিকাৰ জড়িয়তে বৃহত্তৰ ইজৰাইল গঠনৰ পৰিকল্পনা প্ৰস্তুত কৰিছে৷
এই যুদ্ধত ইতিমধ্যে ইৰাণে আমেৰিকা আৰু ইজৰাইলক উচিত শিক্ষা দিবলৈ সক্ষম হৈছে৷ কিয়নো, ইৰাণে এই যুদ্ধখনৰ উমান আজিৰ পৰা প্ৰায় ৪৫ বছৰ আগতেই পাইছিল বুলি বিজ্ঞসকলে মত পোষণ কৰিছে৷ অৰ্থাৎ এই আক্ৰমণ প্ৰতিহত কৰিবলৈ আৰু শত্ৰুপক্ষক আক্ৰমণ কৰিবলৈ ইৰাণৰ ভিতৰত বহু বছৰ আগতেই প্ৰস্তুতি চলিছিল৷ সেইবাবেই ইৰাণে স্পষ্টকৈ ক’ব পাৰিছে যে যুদ্ধখন আমেৰিকা আৰু ইজৰাইলে আৰম্ভ কৰিলে, কিন্তু কেতিয়া ইয়াৰ শেষ হ’ব সেয়া ইৰাণে সিদ্ধান্ত ল’ব৷

যুদ্ধ মানেই বিভিষিকা৷ কিদৰে মিচাইলৰ আক্ৰমণত, দ্ৰোণৰ আক্ৰমণত, যুজাৰু বিমানৰ আক্ৰমণত এখন দেশ নিমিষতে ধ্বংস হৈ পৰে সেয়া আমি সংবাদ মাধ্যমৰ জড়িয়তে দেখিছোঁ৷ এই ধ্বংসাৱশেষৰ মাজত নিমিষতে মৃত্যু মুখত পৰে হাজাৰ হাজাৰ শিশু, মহিলাকে আদি কৰি দেশৰ জনসাধাৰণ৷ কেতিয়াবা প্ৰশ্ন হয়, সেই সাধাৰণ জনসাধাৰণৰ দোষ কি? দোষ এয়াই নে যে তেওঁলোক তেনে এখন দেশৰ নাগৰিক! দেশৰ মূৰব্বীসকলৰ এনে লালসাৰ ফলত, এনে অবাস্তৱ কিছু ধ্যান ধাৰণাৰ ফলত সদয়েই এইদৰে দেশৰ সাধাৰণ জনতাই জীৱন আহুতি দিব লাগিব?

বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বশান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ উদ্দেশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত, ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল৷ ৫০খন ৰাষ্ট্ৰৰ স্বাক্ষৰেৰে গঠিত হোৱা এই সংস্থাই আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, মানৱ অধিকাৰ আৰু উন্নয়নৰ বাবে কাম কৰে৷ বৰ্তমান ৰাষ্ট্ৰসংঘত ১৯৩ খন সদস্য ৰাষ্ট্ৰ আছে৷ তেন্তে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোনো এটি সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰসমূহে আলোচনা কৰিব নোৱাৰাৰ কাৰণ কি?
আমি আশা ৰাখিছোঁ, যথাসম্ভৱ সোনকালে এই যুদ্ধৰ অৱসান হওক, হাজাৰ হাজাৰ নিৰিহ লোকৰ প্ৰাণ ৰক্ষা হওক৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 8
প্ৰৱন্ধঃ
তিৰুৱাল চাহ বাগিচা, 
ৰাধাকান্ত সন্দিকৈ আৰু অসম সাহিত্য সভা

ৰণ্‌জিত গগৈ

নকছাৰিৰ কথা হয়তো বহুতেই নাজানে খুব ভালকৈ৷ কিছু লোকে হয়তো জানে অলপ অচৰপ৷ অসম বুৰঞ্জীত নকছাৰিৰ গুৰুত্ব তৰাতলি নামেৰে যদিও অসমৰ সাহিত্যৰ জগতত অসম সাহিত্য সভাৰ লগত নকছাৰিৰ নাম অতি গভীৰ ভাবে সংপৃক্ত হৈ আছে ; সেই কথা কিন্তু অসমৰ বহুলোকেই হয়তো নাজানে৷ নকছাৰিৰ অৱদান অসমৰ সাহিত্য জগতৰ বৰভেটি গঢ়োঁতাত কি দৰে জড়িত হৈ আছে সেই কথাৰ গম ল’বলৈ আমি ঘূৰি যাব লাগিব যোৱাটো শতিকাৰ দ্বিতীয়-তৃতীয় দশকলৈ৷
 তিৰুৱাল চাহ বাগিচা৷ অসমৰ ভাষা সাহিত্যৰ বৰভেটি গঢ় দিওঁতাৰ লগত অতি সংগোপনে জড়িত হৈ থকা এখন বাগিচাৰ নাম৷ এটা অঞ্চলৰ আকাশ, বতাহ মুখৰিত কৰি থকা সেউজীয়া সোণৰ নাম...
 ...‘এনেতে নকছাৰিৰ কাকজান বাগিচাৰ বৰমহৰী বুদুৰাম গগৈৰ পৰা সন্দিকৈয়ে সাত-আঠ বিঘা মাটিত চাহ-গছ থকা এডোখৰ মাটি কিনি লয়৷ কামত থাকি নিজে বাগিচা খোলাৰ অসুবিধাৰ বাবে বি.এ. জগন্নাথ বৰুৱাই বাগিচাৰ সকলো দায়িত্ব ল’লে সন্দিকৈ ডাঙৰীয়াই কেৱল নিজৰ দৰ্মহাৰ আধা টকাখিনি মাহে মাহে দি যাব লগা হ’ল৷ লাহে লাহে বুদুৰাম গগৈৰ পৰা লোৱা মাটিৰ লগতে ওচৰৰ আৰু মাটি যোগ দি বাগিচাখন ডাঙৰ কৰা হ’ল৷ সেই খনেই এতিয়া তিৰুৱাল চাহবাগিচা নামেৰে জনাজাত হৈ পৰিল৷ বাগিচাৰ উন্নতিৰ চিন্তাতে সন্দিকৈ ডাঙৰীয়াই অতি টানকৈ চলিব লগীয়াত পৰিল৷ দুসাজ কাপোৰেৰেই কোনোমতে চলি, অলাগতিয়াল কথাত এটা পইছাও খৰচ নকৰা হ’ল৷ সন্দিকৈ ডাঙৰীয়াই দিয়া অলপীয়া পইছাতে গয়না লৈ বি.এ. জগন্নাথে লাহে লাহে চাহপুলি লগাই তিৰুৱাল চাব বাগিচাখন বহলাই আনিবলৈ ধৰিলে৷ কিছুদিনৰ পাছত তিৰুৱাল চাহবাগিচাখন ডেৰশ একৰ হ’ল আৰু অকলৈ চলিব পৰা হ’লগৈ৷ ইতিমধ্যে তিৰুৱাল চাহবাগিচাত ধোদৰ আলিক কানত সৰু কলঘৰ এটা সজা হৈছিল৷ বৰ্তমান থকা ঠাইত সজা কলঘৰটো ১৯১৪-১৫ চনতে সজা৷ ১৯০৭ চনৰ অশোকাষ্টমী তিথিত কলিকতাতে বি.এ. জগন্নাথৰ মৃত্যু হোৱাত তেতিয়া বাগিচা বিলাকৰ সকলো স্বত্ব তেখেতৰ পুতেক দেৱেন্দ্ৰনাথ বৰুৱাৰ হাতেলৈ যায়৷ দেৱেন্দ্ৰনাথ বৰুৱাই দেউতাকে দি যোৱা দিহা মতে ১৯০৯ চনত তিৰুৱাল বাগিচাৰ সকলো হিচাপ আৰু কাকতপত্ৰ সন্দিকৈ ডাঙৰীয়াক গতাই দিয়ে৷
তিৰোৱালৰ কাগজ পত্ৰ সন্দিকৈ ডাঙৰীয়াই লৈছিল যদিও বাগিচা চলোৱাৰ ভাৰ দেৱেন্দ্ৰনাথ বৰুৱাৰ হাততেই আছিল৷ বৰুৱাৰ মৃত্যুৰ পাচতো কেইবাবছৰো লেটেকুজান বাগিচাৰ অভিভাৱক স্বৰূপে শ্ৰী চন্দ্ৰধৰ বৰুৱাই তিৰুৱাল বাগিচাখন চলাইছিল৷ ১৯১২ চনত যোৰহাটৰ মহেন্দ্ৰনাথ বৰুৱাক সন্দিকৈ ডাঙৰীয়াই তিৰুৱাল বাগিচাৰ মেনেজাৰৰূপে মকৰেল কৰে৷ ইতিমধ্যে অসম চৰকাৰে সন্দিকৈ ডাঙৰীয়াক তিৰুৱাল চাহ বাগিচাৰ সকলো তত্বাৱধান ল’বলৈ অনুমতি দিয়াত লেটেকুজান বাগিচাৰ পৰা পৰিচালনা কাৰ্য আঁতৰাই আনি সন্দিকৈ ডাঙৰীয়াই তিৰুৱালৰ সকলো দায়িত্ব নিজ হাতত লয়৷ তাৰ লগে লগে তেওঁৰ দিহা মতে নাৰায়ণী আইদেৱে মেনেজাৰ মহেন্দ্ৰনাথ বৰুৱাৰ সহায়ত তিৰুৱাল বাগিচাখন চলাবলৈ লয়৷ সন্দিকৈ ডাঙৰীয়াই চৰকাৰী কামৰ পৰা অৱসৰ লৈ নহালৈকে এই কালচোৱাত বাগিচা চলোৱাৰ সম্পূৰ্ণ দায়িত্ব নাৰায়ণী সন্দিকৈ আইদেউৰ হাততে আছিল৷ তিৰুৱাল চাহবাগিচাৰ পাছত সাপেখাঁতীতো বৰটিমন গ্ৰাণ্ট্‌ লোৱা হ’ল৷
           ১৯১৬ চনৰ আদিতে বাগিচা দুখন নিজে চলোৱাৰ উদ্দেশ্যে সন্দিকৈ ডাঙৰীয়াই নিজ ইচ্ছাৰে কামৰ পৰা অৱসৰ লৈ যোৰহাটত বহেহি৷ তেতিয়াৰ পৰা মৃত্যুৰ সময়লৈকে তেওঁ নিজে বাগিচা কেইখন চলাইছিল৷ এটা কথা সকলোৱে চকুত পৰিছিল যে কোনো কোনো সময়ত চাহৰ বজাৰ পৰোতেও তিৰুৱাল বাগিচাখন শ’লঠেকত পৰা নাছিল৷
         ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াৰ মৃত্যুৰ অলপ দিনৰ আগেয়ে তিৰুৱাল চাহ বাগিচাৰ বঙলাত কথাৰ প্ৰসংগতে শ্ৰী শশীচন্দ্ৰ বৰুৱাই সন্দিকৈক ঈশ্বৰৰ নাম লোৱাৰ প্ৰসংগৰ কথা উনুকিৱাওঁতে তেওঁ কোৱা কথাকেইষাৰ নকুলচন্দ্ৰ ভূঞাক লিখি দিছিল- ‘‘ তহঁতে কি বুজিবি ? মই যদি মানুহৰ বাবে সজ কাম কৰিলোঁ, আৰু যদি ঈশ্বৰ আছে, মই তেওঁক এনেয়ে পাব লাগিব৷ তেওঁৰ নাম লোৱা-নোলোৱাৰ মোৰ প্ৰশ্ন নাই৷ মোৰ শক্তিয়ে কুলায়েমানে জীৱন ব্যাপি মই মানুহৰ প্ৰতি কাৰ্য কৰিলোঁ, যিমান পাৰোঁ দেশক আৰু সমাজক দান কৰিলোঁ৷ বৰমইনাক [শ্ৰীকৃষ্ণকান্ত সন্দিকৈ] আৰু মিৰিক [শ্ৰী লক্ষ্মীকান্ত সন্দিকৈ] মোৰ আজ্জিৰ্ত ধনেৰে পাশ্চাত্য দেশত শিক্ষা-দীক্ষা দি দেশক দান কৰিলোঁ৷ জীয়াৰীৰ পৰিয়ালক দুই তিনি পুৰুষলৈ সহায় কৰি দিলো৷ এই আটাইখিনিয়েই দেশৰ আৰু সমাজৰ কাম৷ এই কাম মই কৰিলোঁ মই বৰ স্নেহ আৰু যত্নেৰে কৰি লোৱা চাহ বাগিচাখনৰ পৰা৷ এয়ে মোৰ লক্ষ্মী৷ এই চাহ-বাগিচাখন যদি মোৰ মৃত্যুৰ পিছতো ভালকৈ চলি থাকে, ই দেশৰ আৰু সমাজৰ অনেক কামত সহায় কৰিব৷’’ [ সঁচাকৈয়ে সন্দিকৈ ডাঙৰীয়াৰ সজ কাম বিলাক মনলৈ আহিলেই তেখেতে নিজে গঢ়া তিৰুৱাল বাগিচাখনো মনলৈ আহে৷ এইখন বাগিচাৰ পইছাই তেখেতৰ দান-সমূহ] 
 সন্দিকৈ ডাঙৰীয়াই শেষ নিশ্বাস পেলোৱাৰ আগেয়ে তেওঁ নিৰ্দেশ দিছিল বুলি জনা যায়,- তিৰুৱাল বাগিচাত থকা তেওঁৰ প্ৰিয়তমা ভাৰ্যাৰ সমাধিৰ ওচৰতে তেওঁক সমাধি দিব; মৃত্যুৰ দহ দিনৰ দিনা কেঁচা প্ৰসাদেৰে নাম-কীৰ্ত্তন কৰিব; এঘাৰ দিনৰ দিনা ভোজ-ভাত দিব, আৰু সকামলৈ মাইবেলীয়া শাখাৰ ৰাইজক মাতিব; দুয়োখন বাগিচাৰে[ তিৰুৱাল আৰু বৰটিমন] বনুৱাবিলাকক খাবলৈ দিব আৰু দান-দক্ষিণা কৰিব; তেওঁৰ কেৰাণী আৰু মেনেজাৰক একোটা দান দিব; যি দুটা লিগিৰা ল’ৰাই তেওঁক শেষ মুহূৰ্তলৈকে শুশ্ৰূষা কৰিছে সিহঁতক এহাল বলদ গৰু বা দুজনী গাই গৰুৰ [যিহকে ভাল পায়] গো-দান কৰিব আৰু চল্লিশ টকাকৈ দান দিব৷
        এই জনা স্বাৱলম্বী, বিদ্যোৎসাহী আদৰ্শ পুৰুষ ৰাধাকন্ত সন্দিকৈ ডাঙৰীয়াৰ জীৱনলৈ চকুদিলেই পোৱা যায় প্ৰকৃত অসমীয়াৰ গুণবিলাক৷ এই সৃষ্টিশীল পুৰুষজন ‘‘নিজেই এটি বহুমুখী অনুষ্ঠান’’ আছিল৷
ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াই তেখেতৰ মৰমৰ পুত্ৰ চন্দ্ৰকান্ত আৰু ইন্দ্ৰকান্তৰ অকাল বিয়োগৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ চৰকাৰৰ ঘৰ আৰু অসম সাহিত্য সভা লগত লিখা-লিখি কৰি এখন ষ্ট্ৰাষ্ট বোৰ্ড গঠন কৰিলে আৰু সেই সভাৰ হাতত দুইটি ল’ৰাৰ স্মৃতি-ৰক্ষাৰ্থে, তলত লিখা চৰ্ত্তেৰে ৩০,০০০ চকা দান কৰিলে৷] এই টকা ভাষাৰ চৰ্চা, উদগণি আৰু উন্নতিৰ অৰ্থে ভাঙ্গিব লাগিব৷ ৰ ২] ইয়াৰ পোন্ধৰ হাজাৰ টকাৰে চন্দ্ৰকান্ত ইনষ্টিটিউট নাম দি এটা সভাঘৰ সাজিব লাগিব; ৩] বাকী টকা সুতলৈ লগাই তাৰ সুতেৰে ‘চন্দ্ৰকান্ত অভিধান’ নাম দি অসমীয়া ভাষাৰ এখন অভিধান সঙ্কলন কৰি ছপাব লাগিব; চ্ছ্ৰ] অভিধানৰ পাছত সেই টকাৰ সুতে ‘ইন্দ্ৰকান্ত বুৰঞ্জী’ বুলি অসম দেশৰ নতুনকৈ এখন বুৰঞ্জী উলিয়াব লাগিব; আৰু প্ত] তাৰ পাছত এই দুখন গ্ৰন্থৰ পৰা উৎপন্ন হোৱা টকা আৰু দানৰ টকাৰে সুত বিশ্বস্ত সভাৰ আদেশমতে দানৰ উদ্দেশ্যলৈ লক্ষ্য কৰি অসম সাহিত্য সভাই অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ অৰ্থ খৰচ কৰি থাকিব৷...
শৰৎচন্দ্ৰ গোস্বামীদেৱে সন্দিকৈদেৱৰ কেৱল সাহিত্য সভালৈ দিয়া দানেই নহয় নিজৰ কায়িক শ্ৰমৰ মাজেৰে অসমীয়া ভাষা সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি ‘চন্দ্ৰকান্ত সন্দিকৈ অভিধান’ সম্পৰ্কে ক’বলৈ গৈ কৈছে,-‘ এই অভিধানৰ অৰ্থে সন্দিকৈ ডাঙৰীয়াৰ বিষম খাটনিলৈ চালে বাস্তৱিকতে বিস্ময় মানিব লাগে৷ তেখেতে ইয়াৰ বাবে যতখিনি ডাঙৰ ডাঙৰ কিতাপ লুটিয়ালে, জাপে জাপে যতবোৰ বহি ঘূৰাই ঘূৰাই পঢ়িলে, ঠপাখানাৰ আৰ্হি কাকত শুধৰালে,-মুঠতে ১৯২৩ চনৰ পৰা আজি এই ন-দহ বছৰ জুৰি বয়সিয়াল সুস্থ দেহাৰে যি অগাধ পৰিশ্ৰম কৰিলে, অৰ্থদান কৰাৰ কথাকে নকওঁ, তেখেতৰ অকল সেই পৰিশ্ৰমৰে ধাৰ পৰিশোধ কৰাটো টান কাম৷ তেখেতৰ নেৰানেপেৰা পৰিশ্ৰমৰ গুণতহে এই অভিধান এমান দিনতে ওলাব পাৰিছে৷ আৰু এটা কথা লক্ষ্য কৰা উচিৎ, ৰায় বাহাদুৰ ডাঙৰীয়াই এই প্ৰকাৰে নকৰি আন অনেক উপায়েৰে আৰু গাৰে নখটাকৈও পুতেক দুটিৰ সোঁৱৰণি চিন ৰাখিব পাৰিলেহেঁতেন; কিন্তু তেখেতে এই ত্ৰিশ হাজাৰকৈ ৰূপ সাহিত্যৰ অৰ্থেহে ভাঙিবলৈ মন মেলিলে আৰু এই কাৰ্যৰ বাবে আজি দহ বছৰকাল জুৰি হাড়ভগা কঠোৰ খাটনি খাটিলে৷ ই কেৱল তেখেতৰ অপাৰ অনুৰাগ আৰু মাতৃভাষা আৰু মাতৃভূমিলৈ ঐকান্তিক ভক্তিৰ যুগমীয়া নিদৰ্শন৷’’
        নাৰায়ণী সন্দিকৈ বুৰঞ্জী ভৱনৰ সম্পৰ্কত অসমৰ প্ৰখ্যাত বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাদেৱে পুৰাতত্ত্ব বিভাগৰ দ্বিতীয় বুলেটিনত লিখিছে-‘ অসম চৰকাৰৰ ভূমি বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী অধীক্ষক, তিৰুৱাল বাগিচাৰ স্বত্বাধিকাৰী, অসম লেজিলেটিভ্‌ কাউঞ্চিলৰ প্ৰাক্তন সদস্য ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈদেৱে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ এটি গৃহ নিমাৰ্ণ কৰিবৰ কাৰণে অসম চৰকাৰলৈ দহ হাজাৰ টকাৰ এটি দান আগবঢ়াইছে৷ কটন কলেজৰ ওচৰতে এই গৃহ নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ নাম "নাৰায়ণী সন্দিকৈ বুৰঞ্জী ভৱন" হ’ব৷ ৰায় বাহাদুৰ সন্দিকৈ ডাঙৰীয়ীৰ উদাৰ আৰু স্বদেশ-প্ৰেমৰ চিন স্বৰূপ এই দানে আমাৰ ইতিহাসত এটি নতুন যুগৰ সূচনা কৰিলে আৰু অসম চৰকাৰে আৰম্ভ কৰা ইতিহাস আৰু পুৰাতত্ত্বৰ গৱেষণাৰ ই পৰিপূৰক হৈ পৰিল৷’’
          দানবীৰ সন্দিকৈ ডাঙৰীয়াই অসমৰ ভাষা, সাহিত্য আৰু শিক্ষাৰ বাবে তিনিটি ঘাই খুটা বান্ধি দিলে- অসম সাহিত্য সভাৰ ঘৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন, পুৰাতত্ত্ব বিভাগৰ কাৰ্যালয় নাৰায়ণী সন্দিকৈ ভৱন আৰু ৰাধাকান্ত সন্দিকৈ ছোৱালী কলেজ৷ সন্দিকৈ ডাঙৰীয়াই বিভিন্ন সময়ত দিয়া সৰু-বৰ অনেক দান বৰঙণিৰ বিষয়ে লিখিছে- ‘‘ সন্দিকৈ ডাঙৰীয়াই সাধাৰণতে কত ঠাইলৈ যে দান আগবঢ়াইছিল, তাৰ লেখ দিব নোৱাৰি৷ তেখেতৰ সাহায্যত ভালেমান স্কুল আৰু অনুষ্ঠানে ঠন ধৰি উঠিব পাৰিছে আৰু এনেক দুখীয়া ল’ৰাই পঢ়া-শুনা কৰিব পাৰিছে৷ তেখেতৰ ওচৰত উপযুক্ত প্ৰাৰ্থীয়ে হাত পাতিলে বিমুখ হৈ অহাৰ দৃষ্টান্ত পোৱা নেযায়৷ কিন্তু, সোঁ-হাতে দিয়া এই দানৰ কথা বাওঁ-হাতে ক’ব নোৱাৰিছিল৷’’
          সন্দিকৈ ডাঙৰীয়াৰ পৰিয়াললৈ চালেই চকুত পৰে লক্ষ্মী, সৰস্বতী দুয়ো তেখেতৰ ঘৰত বিদ্যমান৷ ৰাধাকান্ত সন্দিকৈ পৰিবাৰ নাৰায়ণী আইদেউ উত্তৰ লখীমপুৰৰ ঘিণাৰাম বৰুৱা ডাঙৰীয়াৰ নুমলীয়া কন্যা আৰু অসমীয়া সাহিত্যৰ কৰ্ণধাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ ভনীয়েক৷ ১৮৮২ চনত নাৰায়ণী আইদেউৰ জন্ম হয় আৰু ১৮৯৭ চনত ৰাধাকান্ত সন্দিকৈ লগত বিয়া হয়৷ নাৰায়ণী আইদেউ এগৰাকী সুনিপুণা গৃহিনী আছিল৷ পান-তামোল, টেঙা-টোকোচা আদিৰে বাৰীখন ভৰ-পূৰ কৰি লৈছিল৷ তাৰোপৰি বাৰীৰ পিছপালে কেইডৰামান মাটিত ধান খেতিও কৰিছিল আৰু বঙলাটো আটোম-টোকাৰীকৈ ৰাখি আগফালৰ ফুলনিখনো বিতোপন কৰি ৰাখিছিল৷ লগত মানুহ লৈ এইবিলাক কাম তেওঁ নিজেই কৰিছিল আৰু বাৰীৰ উৎপন্ন বস্তু বেপাৰীক বেচি পইছাও উলিয়াইছিল৷ ইয়াৰ বাহিৰেও তেওঁ এগৰাকী সুদক্ষ শিপিনী আছিল, অতি সৰু সূতাৰ মিহি কাপোৰ বোৱা আৰু ৰন্ধা-বঢ়াতো পাকৈত আছিল৷ এইবিলাক ঘৰোৱা কামৰ বাহিৰেও সন্দিকৈ ডাঙৰীয়াৰ চৰকাৰী কামত ঘূৰি ফুৰোঁতে, বাগিচা চলোৱাৰ হিচাপ-পত্ৰ ৰাখিছিল আৰু সতি-সন্ততিৰ পঢ়া-শুনাৰো তত্ত্বাৱধান লৈছিল নাৰায়ণী আইদেউৱে৷
সেই সময়ত ছোৱালীবিলাকে উচ্ছ শিক্ষা ল’বলৈ সুবিধা নেপাইছিল৷ পদ্মনাথ গোহাঞি বৰুৱাদেৱে নাৰায়ণী আইদেউৰ শিক্ষা গ্ৰহণৰ বিষয়ে লিখিছে-‘ সেই কালত উত্তৰ লখীমপুৰত কেইবাখাপৰ পঢ়াশালী নাছিল কাৰণে সোণফেৰিয়ে [নাৰায়ণী] ককাইদেৱাকসকলৰ লগত, বিশেষকৈ সৰু ককাইদেৱাকৰ যত্নত লিখা-পঢ়া শিক্ষা লাভ কৰিছিল৷’ নাৰায়ণী আইদেউৱে তেতিয়াৰ দুই-এখন আধুনিক আৰু পুৰণি পুথি আৰু বুৰঞ্জী পঢ়িয়েই শিক্ষা সাং কৰিছিল৷
 স্কুল কলেজত শিক্ষা নোপোৱাকৈ সন্দিকৈ ডাঙৰীয়ানীয়ে অসম মহিলা সমাজত যি শীৰ্ষস্থান অধিকাৰ কৰিছিল, তালে বাস্তৱতে মন কৰিবলগীয়া৷ ১৯২৯ চনৰ অক্টোবৰ মাহত গোলাঘাটত বহা অসম মহিলা সমিতিৰ অধিৱেশনৰ বাবে নাৰায়ণী সন্দিকৈ সভানেত্ৰী নিৰ্বাচিত হয়৷ সেই সময়ত যোৰহাটত বহা প্ৰায়বিলাক মহিলাৰ অনুষ্ঠানতে সন্দিকৈ ডাঙৰীয়ানীয়ে আগ-ভাগ লৈছিল৷ সন্দিকৈ ডাঙৰীয়াই সৰু বৰ যিমান বিলাক জনহিতৰ কামই কৰিছিল, সেই সকলো কামতেই সন্দিকৈ ডাঙৰীয়ানী লিপ্ত আছিল৷ এই গৰাকী মহীয়সী মহিলাই স্বামীৰ জীৱিত কালতে ১৯৩৮ চনৰ ২২ ডিচেম্বৰ তাৰিখ মঙলবাৰে ইহ লীলা সম্বৰণ কৰে৷
          ১৯৩৪ চনৰ এপ্ৰিল মাহত অস্পৃশ্যতা নিৱাৰণ আৰু হৰিজন পুঁজিৰ আঁচনি হাতত লৈ মহাত্ম গান্ধী অসমলৈ আহিছিল৷ তেতিয়া কংগ্ৰেছকৰ্মী সকলে গান্ধীজীক চন্দ্ৰকান্ত সন্দিকৈ ভৱনত ৰখাৰ সম্পৰ্কত সম্পাদকৰ অনুমতি বিচাৰে৷ সভাৰ নিয়মাৱলী অনুসৰি সম্পাদকে ভৱনৰ দাতা আৰু ন্যাস সমিতিৰ সদস্য সন্দিকৈ ডাঙৰীয়াক তিৰুৱাল বাগিচাত লগ কৰিলেগৈ৷ সন্দিকৈ ডাঙৰীয়ায়ো ই এটা সামাজিক কাম বুলি ততালিকে ন্যাস সমিতিৰ সভাপতি জিলাৰ ডেপুটি কমিছনাৰলৈ আৰু সম্পাদলৈ গান্ধীজীক ৰখাৰ সকলো বন্দোবস্ত কৰিবলৈ দিহা দিয়ে৷ এনেদৰেই মহাত্মাগান্ধী চন্দ্ৰকান্ত সন্দিকৈ ভৱনতে অতিথি হ’ল৷ সন্দিকৈ ডাঙৰীয়াই সাধাৰণতে বাহিৰত চাহাবী পোছাক পিন্ধি ফুৰাটো সকলোৱে জানে৷ কিন্তু মহাত্মা গান্ধীক দেখা কৰিবলৈ সম্পূৰ্ণ অসমীয়া পোচাক- অসমীয়া পাটৰ চেলেং, চোলা আৰু চুৰিয়া পিন্ধি আহিছিল৷
অসমীয়া জাতিৰ মেৰুদণ্ড অসম সাহিত্য সভাৰ পৱিত্ৰ ভেটি যি কেইগৰাকী প্ৰতিভাৱান পুৰুষে কুৰি শতিকাৰ দ্বিতীয় দশকত স্থাপন কৰিছিল সেইসকলৰ ভিতৰত ঘাই এগৰাকী আছিল মনানুভৱ দানবীৰ স্বৰ্গীয় ৰাধাকান্ত সন্দিকৈ৷ ১৯৬০ চনৰ ৩০ ডিচেম্বৰ দিনা বিশ্ববিখ্যাত ভাস্কৰ চিত্ৰকৰ আৰু ভাৰতীয় ললিত কলা অকাডেমীৰ সভাপতি শ্ৰী দেৱীপ্ৰসাদ ৰায় চৌধুৰীদেৱৰ হতুৱাই অসম সাহিত্য সভাই ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াৰ অষ্টধাতুৰ প্ৰতিমুৰ্ত্তি এটি চন্দ্ৰকান্ত সন্দিকৈ ভৱনত স্থাপন কৰে৷ মুৰ্ত্তি উন্মোচন কৰে সেই সময়ৰ অসমৰ ৰাজ্যপাল শ্ৰী বিষ্ণু সহায়জীয়ে৷
         সন্দিকৈ ডাঙৰীয়াই কাব্য চৰ্চাও কৰিছিল৷ ‘আকাশ’ তেখেতৰ এটি দীঘলীয়া কবিতা৷ ১৯২৪ চনতে প্ৰকাশিত তেখেতৰ বুৰঞ্জীমূলক নাটক হ’ল ‘মূলাগাভৰু’৷ সন্দিকৈ ডাঙৰীয়া নিজেও এজন মঞ্চ শিল্পী আছিল৷ ঊনৈশ শতিকাৰ মাজ ভাগত জন্ম গ্ৰহণ কৰি দুটা শতিকাৰ সুখ-দুখ, আনন্দ-বিষাদ অনুভৱ কৰি কুৰি শতিকাৰ মাজ ভাগত ১৯৫২ চনৰ ২৬ জানুৱাৰী তাৰিখ শনিবাৰে ৰাতি ডেৰ বজাত সন্দিকৈ ডাঙৰীয়াই ইহলীলা সম্বৰণ কৰে৷ তেওঁৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অসমৰ ৰাইজ শোকত ম্ৰিয়মান হৈ পৰে৷ এনে একোজন গভীৰ চিন্তাশীল ক্ষণজন্মা পুৰুষক অসমী আয়ে কেতিয়াবা কেতিয়াবাহে নিজৰ কোলাত ল’বলৈ পায়৷ তেখেতৰ দৰে এজন গুণী ব্যক্তিক হেৰুৱাই অসম সাহিত্য সভাই ঘাই ঘুৰিয়াল হেৰুৱাৰ দৰে শোকত কাতৰ হৈ পৰিছিল৷ সেই সময়ৰ অসম সভাপতি শ্ৰীযুত অম্বিকাগিৰী ৰায় চৌধুৰীদেৱৰ সভাপতিত্বত ২৮ জানুৱাৰী তাৰিখে অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত এখনি শোকসভা পাতি দুটি প্ৰস্তাৱ গ্ৰহণ কৰিছিল-‘‘ অসম সাহিত্য সভাৰ পৰম হিতৈষী আৰু সৰ্বশ্ৰেষ্ঠ দাতা শ্ৰীৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াৰ মৃত্যুত আজি এই সভাই গভীৰ দুখ প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়, আৰু তেখেতৰ শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমৱেদনা আৰু সহানুভূতি জ্ঞাপন কৰে৷’’
 ‘‘দানবীৰ ৰাধাকান্ত সন্দিকৈৰ স্মৃতি ৰক্ষাৰ্থে উপযুক্ত ব্যৱস্থা হাতত লোৱাৰ আৱশ্যকতালৈ আজিৰ এই সভাই অসমীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷ এই সভাই বিশ্বাস কৰে যে সন্দিকৈদেৱে মুক্তহস্তে দান দি সাহিত্য সভাক সহায় নকৰা হ’লে সভাৰ কৃতিত্বৰ ইতিহাস অইনপ্ৰকাৰ হ’লহেঁতেন৷’’
এনে এগৰাকী ব্যক্তিৰ দৰে আৰু বহুজন জনসমাদৃত লোকৰ প্ৰাণ নিহিত হৈ থকা অসম সাহিত্য সভাৰ সেই সোণালী দিনৰ সোণৰ চেকুৰাৰে জিলিকা অসম সাহিত্য সভাই শতবৰ্ষ গৰকাৰ উপৰি অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰো যোৱা ২০২৫ চনৰ ২ ডিচেম্বৰ তাৰিখে শতবৰ্ষ পালন কৰি অহাৰ ক্ষণত নকছাৰিৰ তিৰুৱাল চাহবাগিচাত থকা দানবীৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈ আইদেউৰ সমাধি ক্ষেত্ৰটো কি ৰূপে সুশোভিত হ’ব লাগিছিল আৰু আজি কি ৰূপ ধাৰণ কৰিছে / ক্ষমতাৰ মৰখকত যেন সকলো বলিয়ান/ ক্ষমতা লুভীয়া সেইসকলে এনে মহান ব্যক্তিসকলৰ মহানুভৱ বিলাক কেতিয়াবা উপলব্ধি কৰিবনে ? যিজন ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াৰ মহান দানেৰে মহীয়ান হোৱা অসম সাহিত্য সভাৰ শতবৰ্ষৰ প্ৰাক্‌ ক্ষণত ইমান বেমেজালিৰ সৃষ্টি কৰা সাহিত্য সভাৰ বিষয়ববীয়াই আজিও জানেনে তেখেতৰ মৰিশালীৰ অৱস্থা আজি কি হৈ আছে ? কেনে দৰে আছে তেখেতৰ মৰমৰ তিৰুৱাল চাহ বাগিচা, য’ত লাগি আছিল তেখেতৰ আত্মা, তেখেতৰ লক্ষ্মী/ তাৰ দানেৰেই আজিৰ অসম সাহিত্য সভাৰ ভাষা, সাহিত্যৰ এই অলংঘণীয় সৌধ৷
         নকছাৰিৰ তিৰুৱাল চাহ বাগিচাৰ পূব দিশত আজিও জিলিকি আছে দুটি স্মৃতি সৌধ৷ এটি দানবীৰ ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াৰ আনটি তেখেতৰ মৰম পত্নী নাৰায়ণী আইদেউৰ৷ একালত এই তিৰুৱাল চাহ বাগিচাৰ বঙলাতে আহি অনেক সময় পাৰ কৰোৱা প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈৰ সেই শান্ত সমাহিত সেউজ চাহ বাগিচাও এতিয়া সন্দিকৈদেৱৰ পৰিয়ালৰ হাতৰ পৰা আঁতৰি গৈছে৷ সুযোগ্য পুত্ৰৰ ক্ষমতাশালী নাতিয়েকেই ককা-আইতাক অসমৰ পটভূমিত, পশ্চিমীয়া দেশৰ মহান ব্যক্তিসকলৰ জীৱন সত্তা উজ্বলাই তোলাৰ দৰে জল্‌মলাই তুলিব পাৰিলেহেঁতেন, কিন্তু কিয় নুতুলিলে যেন অবুজ সাঁথৰ হৈ থাকিল৷ নকছাৰি শাখা সাহিত্য সভাৰ আমন্ত্ৰণক্ৰমে যোৱা ১২ পুহ ১৪৩২ ভাস্কৰাব্দ [২৮ ডিচেম্বৰ ২০২৫ খ্ৰীষ্টাব্দ] দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নকছাৰি ডেবেৰাপাৰ চাৰিআলিৰ ১৫ নং মধ্য নকছাৰি গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত হৈ যোৱা যোৰহাট জিলা সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনখনিত নকছাৰি শাখা সাহিত্য সভাৰ তৰফৰ পৰা দানবীৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈ আইদেউৰ সমাধি ক্ষেত্ৰটো সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অসম সাহিত্য সভাৰ পঞ্চৰত্ন মধ্যকালিনী সভালৈ প্ৰস্তাৱ আকাৰে প্ৰেৰণ কৰিবলৈ যোৰহাট জিলা সাহিত্য সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ ইতিমধ্যে সেই প্ৰস্তাৱ যোৰহাট সাহিত্য সভাই প্ৰস্তাৱ আকাৰে অসম সাহিত্য সভাক প্ৰদান কৰিছে৷ নকছাৰি শাখা সাহিত্য সভাইয়ো নিজাববীয়াকৈ এই সমাধি ক্ষেত্ৰটি সংৰক্ষণৰ বাবে স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান, নকছাৰি মহাবিদ্যালয় আদিৰ সহযোগত কাৰ্যসূচী গ্ৰহণৰ চিন্তা-চৰ্চা কৰা হৈছে৷
 ইতিমধ্যে অসম সাহিত্য সভা আৰু অসম চৰকাৰৰ সহযোগত ওড়িষাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ বাসগৃহটি ওড়িষা চৰকাৰে সংৰক্ষণৰ বাবে ৫০ লাখ টকা মোকলাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে; ই সঁচাই অতি আদৰণীয় পদক্ষেপ৷ ওড়িষাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে অসমৰ ৰাইজৰ আৱেগ অনুভূতিৰ সৈতে সংপৃক্ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বল পুৰত থকা গৃহ সংৰক্ষণৰ দিশত ফলপ্ৰসু ব্যৱস্থা লোৱাৰ বাবে সমগ্ৰ অসম বাসী চিৰকৃতজ্ঞ হৈ থাকিব৷ ওড়িষা চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক কুমাৰ পাণ্ডাই সাহিত্যৰথী বেজবৰুৱাৰ গৃহ সংৰক্ষণৰ ক্ষেত্ৰত পুঁজিৰ কোনো সমস্যা নহয় আৰু প্ৰাথমিক পৰ্যায়ত চৰকাৰে ইয়াৰ বাবে ৫০ লাখ টকা মোকলাই দিব আৰু প্ৰয়োজন হ’লে আৰু পুঁজি প্ৰদান কৰিব বুলি কয়৷ ইয়াতকৈ আৰু সৌভাগ্যৰ কথা কি হ’ব পাৰে/ 
 অসম সাহিত্য সভাই নিজাববীয়া উদ্যোগৰ উপৰি অসম চৰকাৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যোগেদি সংৰক্ষণ আৰু সংবৰ্ধন কৰি এগৰাকী দানবীৰ আৰু মহীয়সী নাৰীক অসমৰ জনমানসত উজ্বলৰূপত তুলি ধৰিব পাৰে/  
 তিৰুৱাল চাহ বাগিচাৰ কাষতে অনুষ্ঠিত হোৱা দেওবৰীয়া হাটলৈ গ’লে সেই স্মৃতিসৌধ দুটি দেখি বুকুখনৰ কোনোবা খিনিত সদায় বিষ এটাই খুচা মাৰি ধৰে৷ অসম চৰকাৰে যোৰহাট জিলা প্ৰশাসনৰ যোগেদি প্ৰতি বছৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যুগুতোৱা জ্ঞানজ্যোতি আঁচনিৰ দৰে আঁচনিত অন্তভুক্ত কৰি এনে মহান পুৰুষসকলক নৱপ্ৰজন্মৰ মাজত চিনাকিৰে জাতিটো ভালপোৱাৰে জীৱন উদ্বুদ্ধ কৰি তুলিবলৈ চেষ্টা কৰোটো সকলোৰে কৰ্তব্য বুলি ভাবোঁ৷

ঠিকনা:
শব্দ প্ৰকাশ, থানাৰোড, যোৰহাট-১

অঙ্গন: পৃষ্ঠাঃ 9
ইতিহাস প্ৰসিদ্ধ দক্ষেশ্বৰ মহাদেৱ মন্দিৰত এভুমুকি

জাহ্নৱী কাকতি

উত্তৰাখণ্ড ৰাজ্যৰ হৰিদ্বাৰৰ সমীপবৰ্তী এখন ইতিহাস প্ৰসিদ্ধ ঠাই "কনখল"। ইতিহাসত কনখলৰ মহত্ব এইবাবেই গুৰুত্বপূৰ্ণ যে প্ৰজাপতি দক্ষ ৰজাৰ ৰাজধানী আছিল কনখল লগতে মা সতীৰ জন্মস্থান। যুুগ যুগান্তৰৰ ইতিহাস বহন কৰি সাক্ষীৰূপে মূৰ ডাঙি আছে কনখলৰ দক্ষেশ্বৰ মহাদেৱ মন্দিৰ।
         ৰাজধানী দিল্লীৰপৰা কনখলৰ দূৰত্ব প্ৰায় ২৩৩ কিলোমিটাৰ। দেশৰ যিকোনো ঠাইৰপৰা ইয়ালৈ আহিবলৈ সুব্যৱস্থা আছে। দিল্লীৰপৰা আহিলে ৰে'ল, বাছ বা সৰু গাড়ীৰে ইয়ালৈ বৰ সহজে আহিব পাৰি।
         পৌৰাণিক কথামতে মহাদেৱে সতীক বিবাহ কৰিবলৈ এই ঠাইতে আহি ৰৈছিল। কনখলৰ ৰজা প্ৰজাপতি দক্ষৰ যজ্ঞলৈ আহি শিৱক কৰা অপমান সহিব নোৱাৰি যজ্ঞকুণ্ডত আত্মদাহ কৰিছিল দেৱী সতীয়ে আৰু শিৱৰ আদেশত বীৰভদ্ৰই কনখললৈ আহি যজ্ঞ নষ্ট কৰি প্ৰজাপতি দক্ষৰ শিৰচ্ছেদ কৰিছিল। এই ঘটনাৰ চিনস্বৰূপে কনখলৰ এই ঠাইখনতে নিৰ্মাণ হৈছিল দক্ষেশ্বৰ মহাদেৱ মন্দিৰ।বিশাল পৰিসৰেৰে অৱস্থিত মন্দিৰলৈ অহাৰ প্ৰধান দুৱাৰৰ সমুখভাগতে আছে প্ৰভূ মহাদেৱে সতীৰ দেহটো ডাঙি লৈ ব্ৰহ্মাণ্ড ঘূৰি ফুৰাৰ প্ৰতিমূৰ্তি। মন্দিৰৰ সমীপেৰে বৈ আছে মা গঙ্গা। মন্দিৰলৈ অহা শ্ৰদ্ধালুসকলে গঙ্গাৰ এই ঘাটত গা ধুই বা হাত-ভৰি ধুই মন্দিৰ দৰ্শন কৰিবলৈ আহে।এই ঘাটৰপৰাই গঙ্গাজল আনি দক্ষেশ্বৰ মহাদেৱৰ শিৱলিঙ্গত জলাভিষেক কৰা হয়। গঙ্গা নদীৰ এই ঘাটক দক্ষঘাট নামেৰে জনা যায়।এফালেৰে আগুৱাই আহি ভক্তসকলৰ লগত শাৰী পাতি প্ৰধান মন্দিৰলৈ সোমাই আহিলোঁ। মন্দিৰটোৰ ভিতৰভাগত এই ঠাইতে দেখিলোঁ কত যুগৰ ইতিহাস বহন কৰি স্থিত হৈ আছে সেই "সতীকুণ্ড"। এইটোৱেই আছিল দক্ষ ৰজাৰ যজ্ঞকুণ্ড যি জুইত মা সতীয়ে জাহ গৈছিল। কিছু আগুৱাই আহি ঘাই মন্দিৰত প্ৰভূ মহাদেৱ লিঙ্গৰূপে বিৰাজমান। ঘাই মন্দিৰৰ আনফালে সৰু সৰু বহুবোৰ মন্দিৰ। প্ৰজাপতি দক্ষ ৰজাৰ শিৰচ্ছেদ হোৱাৰ পাছত ছাগলীৰ মূৰ লগাই দিয়া অৱস্থাত মূৰ্তি এটা আছে। বাকীবোৰ মন্দিৰত মা ভগৱতী প্ৰতিটো ৰূপতে বিৰাজমান হৈ আছে। সমুখভাগত কেইবাজোপা ডাঙৰ ডাঙৰ গছ। গৰমত এই গছকেইজোপাৰ তলতে মানুহবোৰে বিশ্ৰাম কৰিছে। যিদৰে আমিও শীতলাইছোঁ শৰীৰ, বেলিৰ মুখ ঢাকি ছাঁ আৰি থোৱা গছ এজোপাৰ তলত। মন্দিৰৰ চৌহদত লানি লানি দোকান। তাৰে কিছু পূজাৰ সামগ্ৰীৰ, কিছু বেগ, কাপোৰ আদিৰ।খোৱা-লোৱাৰ বাবেও আছে সুন্দৰ হোটেল। বৃহৎ গছ এজোপাৰ তলতে আছে এটা দমকল। দেখি আছোঁ দোকানী, মন্দিৰদৰ্শনাৰ্থী সকলোৱে আহি পানী খাইছে, লৈছে। গৰমে দহা গা কিছু শাঁত পেলাওঁ বুলি হাতে-মুখে পানী ছটিয়ালোঁ। আস…ইমান বেছি চেঁচা! লগত লৈ অনা ষ্টীলৰ বটলটোত এবটল ভৰাই ঢক ঢককৈ গলাধঃকৰণ কৰিলোঁ।বাপৰে…ডিঙিৰপৰা পেটলৈ নামি গ'ল যেন বৰফ এচটা।আশ্চৰ্যৰে সুধিয়েই পেলালোঁ
:হিমচেঁচা কিয় এই পানী ?
:এয়া গঙ্গাৰ পানী।
পাহৰিয়েই গৈছিলোঁ
কিয়নো নহ'ব ঠাণ্ডা, বুকুৰে যে বৈ আছে গঙ্গা…

ঠিকনা,
নতুন দিল্লী
ফোন নং- ৯৩৬৫১৬৫২৫২

অঙ্গন: পৃষ্ঠাঃ 10
চোৰাংচোৱা বেশত বুৰঞ্জী প্ৰসিদ্ধ নাৰী মাতাহৰি 

হিৰণ ভূঞা 

সহজ কথাত চোৰাংচোৱা মানে আমি বুজি পাওঁ যে, শত্ৰু দেশ বা বিদ্ৰোহী শিবিৰৰ বিষয়ে গোপন তথ্য আহৰণ কৰাৰ কাৰণে ৰাষ্ট্ৰই নিযুক্তি দিয়া বিভাগ। চোৰাংচোৱা বিভাগটো হয়তো পৃথিৱীত ৰাজনৈতিক কুটনীতি আৰম্ভ হোৱাৰ পৰাই আছিলে। চোৰাংচোৱা সকলে গোপনীয় তথ্য সমূহ এখন দেশৰ পৰা অন্য এখন দেশলৈ যোগান ধৰি আহিছে। এই কামত জড়িত লোক সকল অতিমাত্ৰাই তীক্ষ্ণ বুদ্ধিমান আৰু উচ্চ শিক্ষিত হয়। প্ৰথম বিশ্ব যুদ্ধৰ সময়ৰ পৰাই চোৰাংচোৱা বিভাগত নাৰীৰ অংশগ্ৰহণ দেখিবলৈ পোৱা যায়। নাৰীৰ চোৰাংচোৱা বুলি ক'লেই প্ৰথম নামটো আহে 'মাতা হৰি'ৰ নামটো। এওঁৰ জন্ম সুত্ৰে পোৱা নাম আছিল মাৰ্গাৰেট গ্ৰিটুইভা'। মাতা হৰি প্ৰকৃততে এজনী ডাচ্ (Dutch) নৃত্য শিল্পহে আছিল। দেখিবলৈ অনিন্দ সুন্দৰী লগতে প্ৰতিভাশালী, তীক্ষ্ণ বুদ্ধিশালী নৃত্যাংগনাই নিজৰ দক্ষতাৰে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত নিজৰ নাম জিলিকাই তুলিছিল। সেইবাবে তেওঁৰ অসংখ্য গুণমুগ্ধ থকাৰ উপৰিও বহুত প্ৰেমিক আছিলে। সেই সকলৰ ভিতৰত সামৰিক বাহিনীৰ উচ্চ পদস্থ চৰকাৰী বিষয়া আছিল। যাৰ বাবে তেওঁ বিশ্ব যুদ্ধৰ সময়তো এখন ৰাষ্ট্ৰৰ পৰা অন্য এখন ৰাষ্ট্ৰীলৈ সহজে অহা যোৱা কৰিবলৈ সক্ষম হৈছিল।
        প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল ১৯১৪ পৰা ১৯১৮ চনৰ ভিতৰত। সেই সময়ত বিশ্বৰ প্ৰভাবশালী ৰাষ্ট্ৰৰ ভিতৰত ছোভিয়েট ৰাছিয়া আৰু ইউৰোপীয় ৰাষ্ট্ৰৰ মাজত বিশ্বৰ প্ৰথমখন মহাসমৰ হৈছিল। ক্ষমতা আৰু প্ৰভাব বিস্তাৰৰ বাবেই এই যুদ্ধ লাগিছিল। এই যুদ্ধৰ সময়ত বহুতো নাৰীয়ে চোৰাংচোৱাৰ কামত নিযুক্ত হৈছিল। সেই নাৰী সকলৰ ভিতৰৰ প্ৰথম গৰাকী নাৰী চোৰাংচোৱা মাতা হৰিৰ জীৱন আৰু কাৰ্য্যকালৰ চমু আভাস দিবলৈ চেষ্টা কৰিছোঁ ।
       মাতাহৰি ডাচ্ পৰিয়ালৰ ছোৱালী আছিল। সৰুৰে পৰা এটা সংঘাট পূৰ্ণ জীৱনত অভ্যস্ত হৈছিল। জীৱন সংগ্ৰাম শৈশৱতে আৰম্ভ হৈছিলে। শৈশৱতে পিতৃ-মাতৃৰ গৃহ কন্দলৰ বাবে বিবাহ-বিচ্ছেদ হয় আৰু মাতাহৰি মাকৰ লগত থাকিবলৈ লয় । কিন্তু বিধিৰ বিপাকত স্কুলত পঢ়ি থাকোতেই মাককো হেৰুৱাব লগিয়া হয়। মাতৃহাৰা মাতাহৰি সেই সময়ত তেওঁ সম্পৰ্কীয় মানুহৰ ঘৰত আশ্ৰিতা হৈছিল। শিক্ষা শেষ কৰি কলেজৰ অধ্যাপকৰ কামত নিয়োজিত হৈছিল। বেছ কিছুদিন জীৱন ভালদৰে চলিছিল। সেই সময়ত নৃত্য শিল্পী ৰূপেও জনাজাত হৈছিল। সেই সুবাদতে ডাচ্ সামৰিক বাহিনীৰ কেপ্টেইন মিষ্টাৰ ৰ'ডোফ মেকলোডৰ লগত প্ৰেমৰ পৰিণতিত ১৮৯৫ চনত বিবাহ পাশত বন্দী হৈছিল। ১৮৯৭ চনৰ পৰা ১৯০২ চনলৈ দম্পতীহাল জাভা আৰু সুমাত্ৰা দ্বীপত বাস কৰিছিল। তেওঁলোকৰ জীৱনলৈ তিনিটা সন্তান আহিছিল। সময় মহাকালৰ কোপ দৃষ্টিত পৰি এই দম্পতীহালে আক্ৰান্ত হৈছিল 'চিফিলিচ' বেমাৰত। বদনামী হৈছিল মাতাহৰি। তেওঁৰ বাবেই যেন আক্ৰান্ত হৈছিল কেপ্তেইন। দুৰ্ভাগ্যৰ কথা আছিল, এই ৰোগ তেওঁলোকৰ দুই সন্তানলৈ সংক্ৰমিত হৈছিল । ফল স্বৰূপে দুই সন্তানে মৃত্যুক আঁকোৱালি লৈছিলে। বিভিন্ন কাৰণত দুয়োৰে মাজত মনোমালিন্য আৰম্ভ হৈছিল। পৰিণতিত দুয়োৰে বিবাহ-বিচ্ছেদ হৈছিল। কোৰ্টৰ বিচাৰত জীয়ৰীৰ লালন-পালনৰ দায়িত্ব মাক মাতাহৰিয়ে পাইছিল। কিন্তু কেপ্টেইন ৰূডলোফে ভৰণ-পোষণৰ বাবে খোৰাকী দিবলৈ অমান্তি হয়। তেতিয়া উপায় নাপাই মাৰ্গাৰেট গ্ৰিটুইভাই 'মাতাহৰি' নামেৰে নতুন চিনাকিৰে নৃত্যৰ পৃথিৱীত খোজ দিছিলে। মাক-জীয়েকৰ নৃত্যই সেই সময়ত খলকনিৰ সৃষ্টি কৰিছিল। সুন্দৰী নৃত্যাংগনা মাতাহৰিয়ে জীৱন জীৱিকাৰ বাবে সমাজৰ আগশাৰীৰ লোকৰ লগত উঠা বহা আৰম্ভ কৰিছিল। 'মাতাহৰি' ৰ অৰ্থ আছিল - - eye of the day ' ।ইষ্ট ইণ্ডিয়া নৃত্য পতিয়সী সকলৰ মাজতো মাতাহৰি বিখ্যাত হৈ পৰিছিল। মাতাহৰিয়ে নৃত্যৰ বাবে সঘন অহা-যোৱা কৰিছিল পেৰিচকে ধৰি জাৰ্মান, ৰাছিয়া আদি পৃথিৱীৰ বিভিন্ন দেশলৈ। মাতাহৰিৰ এই আগ্ৰহণ লক্ষ্য কৰি ফ্ৰান্স চৰকাৰে জাৰ্মানীত চোৰাংচোৱা ৰূপে নিৰ্বাচিত কৰিছিল। এই মহিমাময়ী নাৰীৰ প্ৰেমৰ আদান-প্ৰদান আছিল জাৰ্মানী সামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়া এজনৰ লগত। সেইবাবে বিনা বাধাই মাতাহৰিয়ে অহা যোৱা কৰিছিল ফ্ৰন্সৰ পৰা জাৰ্মানীলৈ। কূটনৈতিক কাৰণত জাৰ্মান সামৰিক বিষয়াজনক ফ্ৰান্সৰ সৰু সৰু তথ্য যোগান ধৰিছিল। আৰু কায়দাৰে জাৰ্মান বাহিনীৰ গোপনীয় তথ্য সংগ্ৰহ কৰি ফ্ৰান্স চৰকাৰক যোগান ধৰিছিল। এনেদৰে নৃত্য পৰিবেশন আৰু সাংস্কৃতিক অনুষ্ঠানৰ বাবে অহা-যোৱা কৰাৰ অচিলাতে দুয়ো দেশৰ গোপনীয় তথ্য অনা নিয়া কৰিছিল। সহজতে সন্দেহো নপোজিছিল সুন্দৰী ৰমনীৰ প্ৰতি। বাক পটুতা আৰু নৃত্যত সোণত-সুৱগা চৰাইছিল সৌন্দৰ্য্যই। সেইবাবে বিশেষ বাধা নোহোৱাকৈ নিজৰ দায়িত্ব পালন কৰিব পাৰিছিল। টকা আৰু প্ৰেমে মাতাহৰিক মতলীয়া কৰি ৰাখিছিল। তেওঁ উমকে নাপালে যে, ফ্ৰান্স আৰু জাৰ্মান দুয়ো দেশৰে তেওঁৰ ওপৰত চোকা নজৰ ৰাখিছে। প্ৰকৃততে চোৰাংচোৱাৰ কামটোৱে বিৰাট প্ৰত্যাহ্বানৰ কাম। পদে পদে বিপদ। জীৱনকো তুচ্চ কৰি সেই সকল কৰ্মীয়ে নিজৰ দায়িত্ব পালন কৰে। কিন্তু সেই সময়ৰ ৰাজনৈতিক কূটনীতিৰ বলি হ'ব লগীয়া হৈছিল মাতাহৰি। দুয়ো দেশেই তেওঁক সন্দেহ কৰিছিল। শেষৰ ফালে তেয়ো অনুভৱ কৰিব পাৰিছিল যে তেওঁৰ জীৱন সংকটময়। সেইবাবে জাৰ্মান প্ৰেমিকক বিবাহৰ প্ৰস্তাৱ দিছিলে। কিন্তু চতুৰ প্ৰেমিকে প্ৰেমিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল এই বুলি যে, বিশ্বৰ ৰাজনৈতিক পৰিবেশত তেওঁলোকৰ বিবাহ সম্ভৱ নহ'ব। মাতাহৰিৰ সকলো চেষ্টা পানীত উটি গৈছিল। ভিতৰি ভিতৰি অন্তৰ আত্মা কপিছিল। তেওঁ যেন নিজৰ দায়িত্ব পালনত ক'ৰবাত কিবা এটা ভুল কৰিলে। শৈশৱৰ পৰাই পৰিস্থিতিৰ লগত যুঁজি অহা সাহসী নাৰী গৰাকীয়ে এই সময়তো সাহসেৰে সন্মূখীন হৈছিল ফ্ৰন্স চৰকাৰৰ বিচাৰৰ। বিচাৰত মাতাহৰিক দোষী সাব্যস্ত কৰিছিল যে, তেওঁ জাৰ্মান চৰকাৰক ফ্ৰান্স সামৰিক বাহিনীৰ গোপনীয় তথ্য যোগান ধৰাৰ বাবে ৫০,০০০ হাজাৰ ফ্ৰান্স সৈনিকৰ মৃত্যু হৈছিল। এই গুৰুত্বপূৰ্ণ দোষৰ বাবে পেৰিচ চহৰত ১৯০৭ চনৰ ১৩ ফেব্ৰুৱাৰীত তেওঁক বন্দী কৰা হৈছিল। সেই দোষৰ বিপৰীতে মাত মাতিবলৈ মাতাহৰিৰ হাতত কোনো প্ৰমান নাছিল বা তেওঁ দিব পৰা নাছিল। ইচ্ছা কৰিলে তেওঁ তথ্য দাঙি ধৰিব পাৰিলেহেঁতেন! তেতিয়া তেওঁৰ জাৰ্মান প্ৰেমিকৰ জীৱন বিপদাপন্ন হ'ল হয়। সুদীৰ্ঘ সময় সেই জাৰ্মান প্ৰেমিকে তেওঁক প্ৰেম সহ বহুতো সুবিধা প্ৰদান কৰাৰ বাবদ কৃতজ্ঞতাৰে নিজকে দোষ মুক্ত নকৰিলে। প্ৰকৃততে সুন্দৰী নাৰী নৃত্য শিল্পী গৰাকীয়ে জীৱন যুদ্ধ কৰি কৰি কম বয়সতে ভাগৰি পৰিছিল। জীৱন জীৱন অনপম অনুভৱৰ পৰিবৰ্তে তিক্ততাৰ হলাহলো গিলিব লাগিছিল। বিপদৰ সময়ত তেওঁৰ সৌন্দৰ্য্যৰ পূজাৰি সকলে গা এৰা দিছিল। তেওঁ মানসিক ভাবেও ভাগি পৰিছিল। সেইবাবে তেওঁক বচাবৰ বাবে একো চেষ্টা নকৰাকৈয়ে দোষ স্বীকাৰ কৰিছিল। ১৯১৭ চনৰ ২৪ /২৫ জুলাইত ফ্ৰান্স মিলিটাৰী কোৰ্টৰ সন্মূখীন কৰা হৈছিল। বিচাৰৰ নামত ভেকোঁভাওনা কৰি মৃত্যু দণ্ডৰে দণ্ডিত হৈছিল। বিচাৰৰ তিনি মাহৰ পিছত বিশ্বৰ প্ৰখম গৰাকী নাৰী চোৰাংচোৱাক গুলিয়াই হত্যা কৰা হৈছিল। সেই সময়ত মাতাহৰি ৪১ বছৰীয়া নাৰী আছিল। 
          এনেদৰে এটি অধ্যায়ৰ সমাপ্তি ঘটে এজনী বুদ্ধিমতী, সুন্দৰী নৃত্য শিল্পীৰ মৃত্যুৰ লগে লগে। বিপদ সংকুল পৰিবেশতো সামৰিক বাহিনীৰ লগত যোগাযোগ কৰাটো সম্ভৱ হৈছিল মাত্ৰ আত্মবিশ্বাস, সাহস আৰু জীৱনক ভাল পোৱা বাবেহে। বিশ্বৰ বিভিন্ন ভাষাত মাতাহৰিৰ জীৱনক লৈ বোলছবি তৈয়াৰ হৈছে। মাতাহৰিৰ মৃত্যুৰ বহু বছৰ পিছত কিছুমান তথ্য বাহিৰ হৈছে যাৰ দ্বাৰা অনুমান কৰিব পাৰি এই গৰাকী নাৰী ৰাজনৈতিক কূটনীতিৰ বলি হৈছিল। যি গৰাকী নাৰীৰ সাগৰসম হৃদয় আৰু প্ৰেমৰ বাবে নিজকে নিজৰ পেচাত আত্মত্যাগ কৰিছিল।

মুম্বাই

অঙ্গন: পৃষ্ঠাঃ 11
সত্য, প্ৰকৃতি আৰু মানৱ জাতিৰ অস্তিত্ব

মাধৱ গগৈ

        মানৱ সমাজৰ ইতিহাসত সত্য সদায়েই উন্নতি আৰু শান্তিৰ মূল ভিত্তি হিচাপে বিবেচিত হৈ আহিছে। কিন্তু বৰ্তমান সময়ত দেখা যায় যে বহু ক্ষেত্ৰত মানৱ জাতিয়ে সত্যক পাহৰি অসত্যকেই সত্য বুলি আঁকোৱালি ল’বলৈ আৰম্ভ কৰিছে। এই অৱস্থা সমাজৰ বাবে এক গভীৰ সংকেত। যেতিয়া অসত্য, লোভ আৰু স্বাৰ্থ মানৱ জীৱনৰ পথ প্ৰদৰ্শক হয়, তেতিয়া সমাজৰ নৈতিক ভিত্তি দুৰ্বল হৈ পৰে আৰু সভ্যতাৰ দিশো অস্থিৰ হৈ উঠে। এই পৰিস্থিতিৰ ফলত মানৱ জাতিৰ অস্তিত্বও সংকটৰ মুখামুখি হ’ব পাৰে। কাৰণ মানুহে যদি প্ৰকৃতিৰ নিয়ম, নৈতিক মূল্যবোধ আৰু সামাজিক দায়িত্ব উপেক্ষা কৰে, তেন্তে পৃথিৱীৰ সুষমা লাহে লাহে নষ্ট হয়। প্ৰকৃতি ধ্বংস হ’লে মানুহো নিৰাপদে জীয়াই থাকিব নোৱাৰে। সেয়ে সত্য, ন্যায় আৰু প্ৰকৃতিৰ সন্মান মানৱ জীৱনৰ মৌলিক পথ হ'ব লাগে।
           পৃথিৱীত প্ৰতিটো জীৱকুল জীয়াই থাকিবলৈ কিছুমান মৌলিক প্ৰয়োজনৰ আৱশ্যক। সেইবোৰ হৈছে—অন্ন, বস্ত্ৰ আৰু বাসস্থান। এই তিনিটা বস্তু জীৱনৰ প্ৰাথমিক ভিত্তি। ইয়াৰ লগতে এটা সুন্দৰ আৰু সুষম প্ৰাকৃতিক পৰিৱেশ অতি প্ৰয়োজনীয়। বিশুদ্ধ বায়ু, বিশুদ্ধ পানী আৰু স্বাস্থ্যকৰ প্ৰাকৃতিক অৱস্থা অবিহনে জীৱনৰ অস্তিত্ব টিকি থাকিব নোৱাৰে।
           তাৰ উপৰিও এখন সুস্থ সমাজ ব্যৱস্থা আৰু সাংস্কৃতিক পৰিবেশো মানৱ জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সমাজত যদি শৃংখলা, সহানুভূতি আৰু ন্যায় নাথাকে, তেন্তে মানুহৰ মাজত বিভাজন আৰু সংঘাত বৃদ্ধি পায়। সু-সংস্কাৰ আৰু নৈতিক শিক্ষাই মানুহক সৎ পথত চলিবলৈ সহায় কৰে আৰু এখন শান্তিপূৰ্ণ সমাজ গঢ়ি তোলে। সেয়ে মানৱ জাতিৰ প্ৰধান কৰ্তব্য হ’ল সত্যক গ্ৰহণ কৰা, অসত্য পৰিত্যাগ কৰা আৰু প্ৰকৃতিৰ সৈতে সমতা বজাই ৰাখি জীৱন যাপন কৰা। মানুহে যদি প্ৰকৃতিক সন্মান কৰে, সমাজত ন্যায় আৰু সহানুভূতি স্থাপন কৰে, তেন্তে পৃথিৱী এখন শান্তিপূৰ্ণ আৰু বাসযোগ্য স্থান হৈ থাকিব।
        শেষত ক’ব পাৰি যে সত্য, প্ৰকৃতি আৰু নৈতিক মূল্যবোধেই মানৱ সভ্যতাৰ স্থায়ী ভিত্তি। এই মূল্যবোধসমূহ ৰক্ষা কৰিলেহে মানৱ জাতিৰ অস্তিত্ব সুৰক্ষিত থাকিব আৰু পৃথিৱীত জীৱনৰ সুন্দৰ ধাৰা অব্যাহত থাকিব।

অসম, ভাৰত

অঙ্গন: পৃষ্ঠাঃ 12
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ

(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
✍ৰূপা গগৈ

(খণ্ড ২৭)

       কোঠাৰ বাহিৰৰ পৰাই খিৰিকীৰে দেখা পালোঁ পৰাগক এখন বেডিংত শুৱাই লৈ দুজনমান ডক্তৰ আৰু দুগৰাকী নাৰ্চে পৰাগক ইটো-সিটো কিবা চেক কৰি আছে । পৰাগৰ জ্ঞান আছে নাই নাজানো । বাহিৰৰ পৰা মই ভালকৈ তাৰ মুখখন দেখা নাছিলোঁ । তাৰ বাওঁহাতত চেলাইন লগাই থৈছে । ডক্তৰে বাৰে বাৰে তাৰ হাৰ্ট বিট চেক কৰিছে । কেতিয়াবা চকু দুটা চাইছে । কেতিয়াবা প্ৰেচাৰ জুখিছে । কি হৈছে পৰাগৰ মোক কোনেও কোৱা নাই । কি কৰোঁ তাৰ কাষলৈও যাব নোৱাৰোঁ । ডক্তৰে ভিতৰৰ পৰা দুৱাৰ মাৰি থৈছে । পৰাগকক এনেকৈ দেখি মোৰ বুকুৰ ধপ্‌ধপ্‌নি বাঢ়িবলৈ ধৰিলে । চাটি-ফুটি কৰিছে দেহা । কি কৰোঁ ! একো উপায় নাপায় দুহাতে মুখখন ঢাকিলৈ বাহিৰৰ বেঞ্চ এখনতে বহিলোঁ । এনে লাগিছে যেন তাৰ কাষলৈ গৈ সুধিম কি হ'ল তোমাৰ ! ইহঁতে মোক একো নকয় যে ! দুৱাৰ খুলিলেই মই সোমাই যাম বুলি ভাবি ৰৈ থাকিলোঁ ।
           এনেতে অলপ পাছত ৰুমৰ পৰা ডক্তৰ দুইজন ওলাই আহিল । ডক্তৰ কেইজনক কি হৈছে সোধোঁ বুলি ভাবিও সুধিবলৈ নাপালোঁ । তেওঁলোকে ছাৰহঁতক তেওঁলোকৰ কেবিনলৈ মাতি লৈ গ'ল । 
         ডক্তৰ ওলাই অহাৰ লগে লগে মই পৰাগৰ ওচৰলৈ যাওঁ বুলি দুৱাৰমুখত থিয় হওঁতেই ক'ৰপৰা জানো সোণালীয়ে আহি মোক আগভেটি ধৰিলহি আৰু মোক ক'লে---
      "তোক পৰাগৰ পৰা আঁতৰি থাকিবলৈ কৈছিলোঁ নহয় ! তোৰ বাবেই আজি পৰাগৰ এই অৱস্থা । কেনেবাকৈ যদি মোৰ পৰাগৰ কিবা হয় তই হাৰি নাযাবি । চাই ল'ম তোক" বুলি মোলৈ আঙুলি টোৱাঁইছিল । এনেতে ৰীমাই তাইৰ আঙুলিত থাপ মাৰি ধৰি হাতখন তললৈ নমাই ক'লে---
         "তই কোন হয় ৰে ৰূপাক এনেকৈ ক'বলৈ ! আঙুলি ভাঙি দিব । ৰূপাৰ কাৰণে এইবোৰ হোৱা নাই ; হৈছে তোৰ বাবেহে । পৰাগৰ কিবা হ'লে মূল জগৰীয়া তইয়ে হ'বি । তইয়েতো তাক কিবা খাব দিছিলি ।কেনেবাকৈ তই তাক নাপাৱ বুলি জানি তোৰো নহওক ৰূপাও নহওক বুলি কিবা বিহ মিলাই খুওৱা নাইতো । তোকো কৈ থ'লোঁ তইয়ো হাৰি নাযাবি আমাৰ হাতৰ পৰা । চাওঁচোন কেনেকৈ তই বাট বন্ধ কৰি ৰাখ পৰাগৰ ওচৰলৈ তাই যাব নোৱাৰাকৈ । পৰাগৰ জ্ঞান আহিলেই ৰূপা যাব তাৰ ওচৰলৈ, তাত বাধা দিবলৈ তোৰ কোনো অধিকাৰ নাই ।"
        সিহঁতৰ কথা শুনি গুঞ্জনে মাত লগালে অহ্‌ অ' !!! এতিয়া এইবোৰ লগা সময় নে কোৱা সময় বাৰু । চাচোন সি অজ্ঞান হৈ পৰি আছে আৰু তহঁতে তাক লৈ মোৰ, তোৰ অধিকাৰ এইবোৰ বকি আছ । এতিয়া অকল তাৰ ভালৰ বাবে ভাল হোৱাটো আমি কামনা কৰি ভগৱানক চিন্তা কৰিব লাগে ।" 
          ইহঁতৰ এই কথাবোৰৰ পৰা মই গম পালোঁ যে পৰাগ অজ্ঞান হৈ আছে । তাৰ কথাষাৰ ভাবি বুকুখন বিষাই আহিল । দুচকুৰে চকুলো বৈ আহিল । সিহঁতে কোনেও নেদেখাকৈ খৰধৰকৈ চকুলো মচি দুৱাৰ মুখৰ পৰা আঁতৰি আহিলোঁ । সময়বোৰ পাৰ নহয় হে নহয় সমীৰৰ পৰা গম পালোঁ এক ডেৰ ঘণ্টা পাছতহে তাৰ জ্ঞান আহিব পাৰে যদি নাহে আই .চি.ইউত ভৰ্তি কৰাবগৈ । সমীৰৰ কথা শুনি মোৰ মূৰটো ঘূৰোৱা দৰে কৰিল । কোনোমতে নিজকে সংযত কৰি চিকিৎসালয়ৰ বাৰাণ্ডাতে থকা বেঞ্চ এখনত খুটা এটাত আউজি বহিলোঁ । মনে মনে ভগৱানক প্ৰাৰ্থনা কৰিলোঁ "হে প্ৰভু অকণমান কৃপা কৰি পৰাগলৈ চকু মেলি চোৱা । সোনকালে তাৰ জ্ঞান ঘূৰাই আনা প্ৰভু ।"
কথাবোৰ ভাবি মোৰ নিজকে অপৰাধী যেন অনুভৱ হ'ল । সোণালীয়ে ঠিকেই কৈছে মোৰ বাবেই হৈছে এইবোৰ । আকৌ মনলৈ আহিল ৰীমাই কোৱাৰ দৰে তাই তাক কিবা কৰা নাইতো । তাই কি দিছিল তাক খাবলৈ ! তাই সঁচাকৈ কিবা বিহ খুওৱা নাইতো ! তাইৰ প্ৰতি মোৰ মনত সন্দেহ ভাব এটি জাগিল । 
         মই কাৰো চকুৰ মুখলৈ চোৱা নাছিলোঁ । কাৰণ দুচকুৰ কোণ মোৰ সেমেকি আছিল । মোৰ কাষত নিশাহঁতো আছিল । সিহঁতে কিবা -কিবি কৈ আছিল মোৰ কাণত একো সোমোৱা নাছিল । মাথোঁ পৰাগক কেতিয়া দেখা পাম তাৰ জ্ঞান কেতিয়া ঘূৰি আহিব সেই কথাহে মনত দোলা দি আছিল ।
              নিলয় ওচৰলৈ আহি ক'লে"--- ডক্তৰে দিয়া টাইমলৈ আৰু দহ মিনিট বাকী আছে । কি হয় আৰু দেই । জ্ঞান ঘূৰি আহিলে হয় ভগৱান । সকলোৱে কোঠাৰ দুৱাৰ মুখৰ ফালে আগ্ৰহেৰে চাই ৰ'ল দুৱাৰ খুলি ডক্তৰে দিয়া বাৰ্তা শুনিবলৈ ।
 
 (ক্ৰমশঃ)

অঙ্গন: পৃষ্ঠাঃ 13
অণুগল্পঃ
শূন্যতা মাথোঁ 

ৰূপা দত্ত

      তিনি বা চাৰিদিনৰ মূৰে মূৰে লগ ধৰা দেউতাকে আজি তাৰ জন্ম দিনৰ বাবে স্কুল চুটিত লগ ধৰি চকলেটটোৰ লগতে মন্দিৰৰ পৰা অনা তাৰ হাতত গাঁঠি দিয়া গেৰুৱা ৰঙৰ ৰছীদাল চুই চুই সি উচুপি উচুপি কান্দি উঠিল।
     কি সেই অমীমাংসিত প্ৰশ্ন যি তাৰ দুচকুৰ পৰা বৈ পৰা পানীবোৰতকৈও গধুৰ আৰু দুখৰ । মাথোঁ তাৰ চকুৰ আগত দুখন মুখ ভাঁহি উঠিছিল এখন দেউতাকৰ আনখন মাকৰ। কাৰ পক্ষ ল'ব সি ? নিদাৰুণ প্ৰশ্নৰ আঘাতত চাৰিওফালে মাথোঁ শূন্যতা । 

দেৰগাঁও

অঙ্গন: পৃষ্ঠাঃ 14
ফেটা বস্তিত হত্যা

শৰৎ হাজৰিকা

: কি হ’ল ৰে চট্ট ? ফেটা বস্তিত কোন মৰল ? একাকীকত্ব বধূ বুঢ়াই ঘৰৰ পৰা মাতিলে ৷
: নাই কাকা হামি ভালকে নাই জানি ৷ শুনছো বীৰছাকে বেটা মঙলুকে ছুৰী ঢুকাই খতমেই কৰছে ৷ হাৰামেৰ বাদছা টিকলুই ছুৰী ঢুকাই মঙলুকে খুণ কৰছে ৷ উই বেটা টিকলু মঙলুকে বন্ধু আছিল ৰে ৷ এইবুলি কৈ চট্ট কলঘৰৰ ওচৰৰ হাবিখনলৈ ৰাওনা হ’ল।
        পুলিচে কোনো মানুহক মৃতস্থানলৈ যাবলৈ দিয়া নাই ৷
কেৱল সেই ঠাইত বীৰছা আৰু তাৰ ঘৈণীয়েক মাইলী কান্দি আছে ৷
:ছি:ছি আজকে দিনত কাকো বিশ্বাস নাই কৰবে ৷
কাহাঁ গেলি মানুষেৰ মানৱতা ? বন্ধুৱে বন্ধুকে শেষ কৰছে ? 
চট্টই মুখেৰে বিৰবিৰাই ঘৰলৈ আহি থাকিল ৷

ঠিকনা:
ৰঙাগড়া হাইস্কুল
ৰঙাগড়া ঘাট
গোলাঘাট(অসম)
৭৮৫৬১১
ফোন—৯১০১০২৫৬৬৪

অঙ্গন: পৃষ্ঠাঃ 15
সাঁথৰ

হীৰা মণি বৈশ্য 

  "আত্মহত্যাক মই সমৰ্থন নকৰোঁ, আত্মঘাতীক মই ঘৃণ কৰোঁ। দুৰ্বল মানুহে এই সহজ পথ বাছি লয়, কাহানিও দুৰ্বল মই হ'ব নিবিচাৰোঁ।"
        কলেজীয়া জীৱনৰ তাইৰ মনোভাৱ আৰু নৈৰ পানীত ভাঁহি উঠা তাইৰ শৰীৰটো, মোৰ বাবে এক অবুজ সাঁথৰ !
 "ছক্ৰেটিছৰ মতে যিকোনো এটা ভুল বস্তুক সমৰ্থন কৰাতকৈ মৃত্যুক আঁকোৱালি লোৱাই শ্ৰেষ্ঠ।"
        ডায়েৰীখনত শেষ পৃষ্ঠাৰ শাৰীটিয়ে ক্ৰমে সাঁথৰৰ দুৱাৰখন মুকলি কৰিছিল।

শুৱালকুছি

অঙ্গন: পৃষ্ঠাঃ 16
এক মিনিটৰ গল্প:
বৃদ্ধাশ্ৰম

শ্ৰী মীনা মজুমদাৰ

         ৰাতি পুৱা চাহকাপ হাতত লৈ হৰেনৰ পেপাৰ পঢ়া অভ্যাসটো পুৰণি কলীয়া । সেয়েহে তেওঁ আজিৰ পুৱাটো হাতত একাপ চাহ লৈ বাৰাণ্ডাতে চকী এখনত বহি টেবুলৰ পেপাৰখন লৈ পঢ়িব খোজোতেই তেওঁৰ চকুত পৰিল এটা সৰু গল্প। গল্পটোৰ শিৰোনাম "বৃদ্ধাশ্ৰম" । গল্পটো পঢ়িবলৈ লওঁতে তেওঁৰ মনত কিছুমান স্মৃতি ভাহি উঠিল ।     
        তেওঁৰ মানুহজনী যেতিয়া এই সংসাৰৰ পৰা আঁতৰি গুচি যায় তেতিয়া তেওঁৰ মনটো বিশাল ভাৱনাৰে ভৰি উঠিছিল। কেনেকৈ ল'ৰা দুটাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰি নিজৰ ভৰিত নিজে থিয় হৈ চলিব পৰা কৰি তুলিব পাৰে ! তেওঁ দ্বিতীয় বিবাহৰ কথা চিন্তা নকৰি দুইটা ল'ৰাক কষ্টেৰে ডাঙৰ দীঘল কৰিলে । এটা সময়ত দুইটা ল'ৰাই শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰি পালে। এজন এলপি স্কুলৰ শিক্ষক আৰু আনজন পুলিচ। সৰু ল'ৰা জুমনে ওচৰৰে এখন স্কুলত জাইন কৰিলে । আনহাতে ডাঙৰ ল'ৰা চুমনে ঘৰৰ পৰা কেই কিলোমিটাৰমান গৈ হে থানাখন পায়গৈ । সেয়েহে তাৰ অহা যোৱা কৰাত অসুবিধা হয় বাবে থানাৰ ওচৰতে এটা ৰুম ভাড়াত লৈ থাকিবলৈ ল'লে ।       
          আনহাতে সৰু ল'ৰা জুমনে ঘৰতে দেউতাকক শুশ্ৰূষা কৰি স্কুললৈ অহা যোৱা কৰিবলৈ ল'লে । এনেকৈ কিছুদিন যোৱাৰ পিছত তাৰো অলপ অসুবিধা হ'ল কিয়নো দেউতাক বুঢ়া হৈ অহা বাবে সি দেউতাকৰ সকলো আল পইচান ধৰি স্কূললৈ যাবলৈ তাৰো সময়ৰ অভাৱ হোৱা হ'ল। কিয়নো স্কুল সময়ত গৈ ক্লাচ কৰিব নোৱাৰিলে তাৰ নিজৰে অসুবিধা হয় আৰু হেডমাষ্টৰৰ পৰা কথা শুনিব লগীয়া হয়। 
         সেয়েহে সি দেউতাকক তাৰ অসুবিধাৰ কথাবোৰ কলে আৰু সিও স্কুলৰ ওচৰতে ৰুম এটা ভাড়া লৈ থকাৰ কথা ভাৱিলে। বাপেকেও তাৰ অসুবিধাৰ কথা বুজিব পাৰি সৰু পুতেকৰ সিদ্ধান্তত সন্মতি জনালে । কথামতে কাম । বাপেকৰ উত্তৰ পায় সিও স্কুলৰ ওচৰতে ৰুম এটা ভাড়া লৈ থাকিবলৈ ল'লে ।
        এনেকৈ বাপেকে ঘৰত অকলে অকলে থাকি দিনৰ পিছত দিন, মাহৰ পিছত বছৰ পাৰ কৰিব ধৰিলে । তেওঁৰ যেন খবৰ ল'বলৈ কাৰোৰে সময় নোহোৱা হʼল । তেওঁ একো ভাৱি নাপায় অৱশেষত নিজৰ ঘৰ, মাটি বিক্ৰী কৰি যি টকা পায় সেইখিনি বৃদ্ধাশ্ৰমতে জমা দি তাত থকাৰ কথা ভাৱিবলৈ ধৰিলে । এনেকৈ ভাৱি থাকোতে হঠাৎ সৰু পুতেকৰ মাত শুনিবলৈ পালে। দেউতা ভিতৰলৈ আহাঁ, কিমাননো আৰু পেপাৰখনকে লুটিয়াই, লুটিয়াই পঢ়ি আছা । তোমাৰ চকুৰ বিষ উঠা নাই জানো । পুতেকে তেনেকৈ কোৱাতহে বাপেকৰ মনলৈ সম্বিত ঘুৰি আহিল । তাৰমানে ইমান পৰে তেওঁ ভাৱত বিভোৰ হৈ আছিল । এতিয়া আৰু এইবোৰ ভাৱি একো লাভ নাই । পিছলৈ দেখা যাব কি হয় । তেওঁৰ ঠিকনা নিজৰ ঘৰখন নে বৃদ্ধাশ্ৰম।

নলবাৰী

অঙ্গন: পৃষ্ঠাঃ 17
অনুবাদ কবিতাঃ

THE DRY WELL

Caroline Bird

In the dry light of morning, I return to the well.
You think you know the outcome of this story.
Sunshine is a naked, roaming thing, like hurt.
A well is a chance embedded in the ground. 
The well was dry yesterday and the day before.
You think you know the lot about sunshine –  
an early bird knows sod all about perseverance.
Good people, you lay down your curling souls 
on the dust and surrender. I swing my bucket.
If the well is dry today, I will come back tomorrow.

শুকান কুঁৱাটো

(মূলঃ কেৰ’লিন বাৰ্ড, অনুবাদঃ প্ৰাণ কৃষ্ণ গোস্বামী)

পুৱাৰ শুকান পোহৰত, মই কুঁৱাটোৰ কাষলৈ ঘুৰি আহিলোঁ
তুমি চাগে ভাবিছা এই কাহিনীৰ শেষ তুমি জানা।
দুখৰ দৰেই সূৰুযৰ ৰশ্মিও এক নাঙঠা ফকিৰ।
কুঁৱা এটা মাটিত হঠাতে খন্দা এটা গাঁত।
কুঁৱাটো কালিও শুকানেই আছিল আৰু পৰহিও।
তুমি ভাৱা সূ্ৰ্য্যৰ ৰশ্মিৰ বিষয়ে বহুত জানা-
খৰটকীয়াজনে নেৰা-নেপেৰা যত্নৰ কথা কিটো জানে।
হে’ সৎ লোকসকল, তোমালোকে দুখী আত্মাটোক
ভূ-লুণ্ঠিত কৰি আঁঠু লোৱাহঁক। 
মই মোৰ বাল্টিৰেই যুদ্ধ কৰোঁ।
আজি যদি কুঁৱাটো শুকাই আছে, 
কাইলৈ মই আকৌ আহিম।

(বৃটিছ কবি কেৰ’লিন বাৰ্ডৰ জন্ম ১৯৮৬ চনত। তেওঁৰ পোন্ধৰ বছৰ বয়সতে, ২০০২ চনত ‘Looking Through Letterboxes’ নামৰ প্ৰথম কাব্য সংকলন প্ৰকাশ পাইছিল। তেওঁৰ ২০১৭ চনত প্ৰকাশিত উপৰোক্ত কবিতাটো খৰ-খেদাকৈ অনুবাদ কৰাৰ প্ৰয়াস কৰিলোঁ)।

অঙ্গন:  পৃষ্ঠাঃ 18
প্ৰিয়

মূল বাংলা : মন্দাক্ৰান্তা সেন
অনুবাদ : ডঃ ভূপেশ ভাগৱতী

অ' প্ৰিয়, তোৰ চকুৰ ঠাৰত মৃত্যু নাচে
মৃত্যু মানে জীৱন নদীৰ সিটো পাৰ
দুৰ্দান্ত সোঁতৰ তেজস্বী তানত 
খেৰকুটা কেনেকৈনো বাচে

অ' প্ৰিয়, তই সেউজ কোমল মৃত্যু শিকাৱ
অ' প্ৰিয়, তোৰ হৰিণী খোজত মৃত্যু নাচে
তাকে দেখি আজি হেঁপাহ জাগিছে, নুপূৰ হ'ম
শব্দই নুশুনে চাবি অন্য কোনোজন
মহোৎসৱ এই মৃত্যু, গভীৰ-গোপন 

অ' প্ৰিয়, তই এবাৰ পৰশি দিলে মৰণৰ ফুল ফুলে
কিনো দোষ তাতে বাৰু এবাৰ বেছিকে' চুলে
মধ্যাহ্নত জীৱনপ্ৰৱাহ উঠে ফুলি
সাগৰ সাঁতুৰি তই মোলৈকে আহিলি

আহিলিয়েই যদি অ' প্ৰিয় আহ ,
অলপ ধেমালিকে কৰোঁ
মই খোলা পাণ্ডুলিপি হ'ম, তই আদিম ছন্দ হবি
তোৰ শৰীৰত ওঁঠ ৰাখি কেনেকে' মৰিম চাবি

অ' প্ৰিয় অসহ্য মানুহ, মৰিবলৈ শিকা মোক...

অঙ্গন:  পৃষ্ঠাঃ 19
ছবি ঃ

১/ প্ৰজ্ঞান প্ৰতীম হাজৰিকা 
Class vi 

অঙ্গন:  পৃষ্ঠাঃ 20
২/ তুনফি তৃৃতীষা বৰা
শ্ৰেণী: চতুৰ্থ শ্ৰেণী


অঙ্গন:  পৃষ্ঠাঃ 21
কবিতাঃ

নিলাজ ফাগুন

ড০ হৃদয় ৰঞ্জন দাস

সমীৰণৰ উন্মাদ আঁচোৰত থকাসৰকা কৰি 
তোৰ উদং বুকুৰ আঁচল খঁহাই 
বৈ যায় কেনিবাদি হৌহৌৱাই,
বিৰিখৰ শ‍্যামলী বক্ষ উলংগ কৰি সেউজী পাত নীৰৱে সৰে অজানিতেই, 
দোভাগ ৰাতি সৰাপাতে মৰমৰাই গা সলায় উজাগৰে স্মৃতিৰ পাত লুটিয়াই লুটিয়াই,
ৰাঙলী বসন পিন্ধি শিমলু, মদাৰ, পলাশে ধূলিয়ৰীৰ ফাঁকুগুড়িৰে দৌলোৎসৱ কৰে
শুকুলা অৱগুণ্ঠনৰ আঁৰে আঁৰে,
উল্লাখেৰে হাঁহিত আত্মহাৰা হৈ হালে-জালে,
নিতাল মাৰি শুই পৰা খৰাং নিশাটিত
পানীপিয়াজনীয়ে উৰি গৈ পিয়াহত বিনায়,
অনাবৃষ্টিৰ অজুহাতত ছন
পৰা নৰা ভৰা পথাৰে 
ছিঁৰালফাট দিয়ে,
পচোৱাৰ বা ৰে ধৰণী নিবস্ত্ৰ কৰা তয়েইতো
নিলাজ ফাগুন,
চঞ্চল ফাগুন,
বলিয়া ফাগুন.....

অঙ্গন:  পৃষ্ঠাঃ 22
নিঃসাৰ শব্দৰ নিশাৰ প্ৰসাৰ

ৰাজেন বৰা 

ৰাতি হ’লে জোন জ্বলে
নিভৃতৰ নিকুঞ্জত বৰণীয়া ফুল ফুলে
প্ৰতিটো ৰুগ্ন ৰাতি বুকুৰ বঁকিয়াইদি
সপোনবোৰে কৰে তাঁতবাটি
দিনৰ দীনতা ব্যস্ততা-ৰুক্ষতা মচি
নিজানৰ জানত নাচে শব্দ-চন্দ্ৰাৱলী
ছান্দসিক মূৰ্চনাৰে আহে বৈ
জোনাকৰ নৈ
উটুৱাই লৈ যায় মোক
দেখুৱাই দিয়ে বাট প্ৰিয়তমা পৃথিৱীৰ প্ৰেম পয়োধিলৈ
নৈশব্দত সাৰ পাই নিঃসাৰ শব্দবোৰে কটাঘাঁত মলম সানি নিচুকাই দিয়ে
চিকুণাই ফলিকা কৰে মনৰ চোতাল
এই যে একাকিত্বত মূৰ্তমান হোৱা পাতালী ফল্গুধাৰা
নিদান তাৰি প্ৰৱৰ্তাই জীৱনধাৰা যেন মৃত যক্ষ জীয়াবলৈ মৃতসঞ্জীৱনী
ঘুৰ্ণন গতিৰ তীব্ৰতাত দিনৰ পোহৰ
নিউটনৰ পাখৰি চকৰিৰ ধবল ধূসৰ

মন চাকিৰ কিৰণ বিচ্ছুৰণ
এন্ধাৰতো ইন্দ্ৰধনু পাতি 
পাতে মেলা বেঘনীসেহাসুৰ
মায়াবৃত্ত ভাঙি ছায়াচিত্ৰ আঁকি 
মন ময়ূৰী হয় মন চিত্ৰলেখী ফুটুকী পখিলী...

অঙ্গন: পৃষ্ঠাঃ 23
বকুল বনত পোহৰেই পোহৰ

গৌৰী দেৱী 

বকুল বনত পোহৰৰ উৎসৱ 
সোণ হালধীয়া জোনাকীয়ে নাচিছে 
প্ৰিয়জনৰ সাহচৰ্য্যৰ জোনাক।
জুই পখিলা নুৰিলেও
সোণালী ধাননি নিৰ্বাক হ'লেও 
নাঙলৰ ফালে কটা মাটিত 
বসন্তৰ বৈভৱ চোঁ‌ৱাচোন ।
ৰ'দ জোনাকীৰ কথন-মথন 
খোপাত 
তৰুৱা কদমৰ আভা 
ডিঙিত কাঞ্চনমালা এধাৰি
মণিবন্ধত বনকৰা বাখৰুৱা খাৰু 
কমৰবন্ধ ৰূপ জিলিকা 
নুপুৰধ্বনিৰ ছন্দোময় বিলাস ।
উচ্ছল বুকুত 
যৌৱনৰ পাৰভঙা 
উলাহ ,
কলাফুলত নৃত্যৰ স্পন্দন ।

বাটৰুৱা অ' 
ৰৈ যোৱা এধানি সময় 
শুনি যোৱা এটি মালিতা 
মাটিৰ কলহত সাঁ‌চিছো 
এটুপি পিয়াহৰ পানী 
আন্ধাৰ বাট 
কেনেকৈ যাবা 
পুৱাবলৈ দিয়া ৰাতি 
ৰ'দ পিচলা পিৰালীত বহি 
কোনে বাঁ‌হী বজাই ওৰে ৰাতি 
সৌখন যমুনা 
নিজম ৰাতি
নিঃশব্দ প্ৰহৰ 
বনৰীয়া বতাহৰ
লয় মান গীত 
বকুল বনত পোহৰ ।

তেজপুৰ

অঙ্গন: পৃষ্ঠাঃ 24
বৰষুনৰ গান

অনামিকা বৰা

সেমেকা সন্ধিয়াটো উপভোগ কৰি থাকোতেই
হঠাৎ মৃদু কোমল বতাহজাকৰ সৈতে
এটা গান উৰি আহি
মোৰ চকুৰ পতাতে পৰিল

নিমিষতে এক অনামী শিহৰণে
দেহ মন পুলকিত কৰি তুলিলে

এই গান বৰষুণৰ গান
এই গান ভালপোৱাৰ পান

যিমানেই ৰাতিৰ গভীৰতা বাঢ়ে
সিমানেই এই গানে পুৰণি কথাৰ বিলাপ টানে

এই গানৰ সুৰীয়া ৰাগীত 
জোনাক গলে
অভিমানী মনবোৰত মৌ বৰষে
কবিয়ে কবিতা ৰচে
গীতিকাৰে গীত ৰচে
পথৰুৱা গোন্ধ এটা উজাই আহি
মাটি আৰু মানুহৰ সেউজীয়া শিপাডাল গাঢ় কৰে

কোনে কিমান শুনে এই গানৰ সুৰ সমলয়
কোনে কিমান বুজে এই গানৰ শব্দৰ মায়াময়

গোপনে গোপনে
নিজানে নিজানে
জোনাকে জোনাকে

মনৰ বুজনি
বুকুৰ জুৰনি
এই গানৰ গুণগুণনি

এই গান প্ৰকৃতিৰ প্ৰাণ
এই গান পৃথিৱীৰ ঘ্ৰাণ

ৰ’দৰ বাটৰ এটি পুৰাতন সুখৰ গান

অঙ্গন: পৃষ্ঠাঃ 25
জোনাকী নিশাৰ গান

ৰিতুল বৰুৱা

নিশিগন্ধা,
তোৰ তেজ ফুটো ফুটো
সুগোল দুগালত
কি ৰং চৰে!
চকুতো ঘনেচোন বিজুলী চমকে।
তইতো নাজান
কিমান পোহৰ হ'লে
পৃথিৱী উজ্বলে,

 নাজান ---
তোৰ পাখীৰ আঁৰত
কোন ৰাংঢালি জোনবায়ে
লুকা ভাকু খেলে।

তোৰ চঞ্চল পদলেহনে 
ভাঙে 
পুণৰ গঢ়ে 
মোৰ 
এটা তপত চুমা
অথবা আঙুলিৰ মায়াময় উমাল পৰসৰ তীব্ৰ বাসনাৰ নীড়
 
তমসাঘন মায়াবী ৰাতি‌ 
বুকুত মোৰ
কামনাৰ দুণ্ডুভী বাজে।
দুচকুৰ পতাত 
অঘৰী সপোনে অগা-ডেৱা কৰে।

শেহান্তৰত,
জোনৰ ধাৰ কৰা পোহৰ
কিয়নো বিচাৰোঁ ক'
তোৰ সোণপৰুৱাহেন জিকমিক 
আত্মজ পোহৰ থাকোতে।

গহপুৰ

অঙ্গন: পৃষ্ঠাঃ 26
উভতি অহাৰ শব্দ

ৰিজুমণি দেৱী

তুমি মাজে মাজে উভতি আহাঁ,
যেনেকৈ কিছুমান ঋতু নিজেই
 সময় নোপোৱাকৈ আহি ধুমুহা কৰি যায়, 
তেনেকৈ।
যেতিয়া তোমাৰ দৰকাৰ হয়, মোলৈ মনত পৰে।
যেতিয়া আন দিশে দুৱাৰ বন্ধ হয়, 
মোৰ দুৱাৰত টোকৰ মাৰা!
আৰু উভতি আহি সোধা —
“মই অহাত তোমাৰ কণ্ঠত আনন্দ নাই কিয় ?”
আনন্দ ?
আনন্দ কি বুটাম নেকি, টিপিলেই জ্বলি উঠিব ?
তুমি ব্লক কৰা দিনটোত মোৰ কণ্ঠৰ সুৰবোৰো ব্লক হৈছিল।
তুমি নীৰৱ হোৱা দিনবোৰত মোৰ ভিতৰত বহু প্ৰশ্ন জন্ম লৈছিল।
তুমি আন কাৰোবাৰ সৈতে সপোন গঢ়ি থাকোতে, 
মই নিজৰ ভাঙি যোৱা অংশবোৰ জোৰা লগাইছিলোঁ।
তুমি মোক বেয়া পাই গুচি যোৱা নাছিলা —
তুমি নিজৰ সুবিধাৰ পথ বিচাৰি গৈছিলা।
আৰু যেতিয়া সেই পথত কাঁইট লাগিল,
তুমি পুনৰ মোৰ দিশে ঘূৰি চালা,
কিন্তু মই কোনো আশ্ৰয়স্থল নহয়।
মই কোনো “বিকল্প” নহয়।
মই কোনো আধা-স্মৃতি নহয়
 যাক ইচ্ছামতে খুলি চাব পাৰি।
মোৰো আত্মসন্মান আছে।
মোৰো নীৰৱতাত এটা ভাষা আছে।
মোৰ কণ্ঠত আনন্দ নথকা মানে —
মই এতিয়া শিকিছোঁ,
অহা-যোৱা মানুহৰ বাবে 
হৃদয়ৰ দুৱাৰ খোলা ৰাখিব নালাগে।
তুমি হয়তো আকৌ উভতি আহিবা,
আৰু হয়তো আকৌ গুচি যাবা।
কিন্তু এইবাৰ মই উভতি নাহোঁ 
নিজৰ পৰা।
কাৰণ এতিয়া মই জানো —
যিজনে থাকিবলৈ নাজানে,
তেওঁক ধৰি ৰাখিবলৈ চেষ্টা কৰাটো নিজক হেৰুৱা।

নগাঁও

অঙ্গন:  পৃষ্ঠাঃ 27
একাকী পথিক 

গীতা শৰ্মা

আকাশৰ নীলা নিৰ্জন পথত
মই এজন চিৰন্তন পথিক—
সহস্ৰ তৰাৰ উদাস ভিৰতো
মই যাযাবৰ, মই নিসংগ

হাতত মোৰ এটি ৰূপালী জোলোঙা,
তাতেই সাৱধানে সামৰি থৈছোঁ
পৃথিৱীৰ অগণন আধৰুৱা কবিতা,
আৰু হাজাৰ দ্ৰৌপদী-উৰ্মিলাৰ নিৰৱ চকুলো
কেতিয়াবা মই পূৰ্ণ, কেতিয়াবা আধেক—
নিজৰেই শূন্যতাৰ সৈতে মোৰ এক গোপন মিত্ৰতা

মই বৈ যাওঁ ভেনিচৰ শান্ত পানীত,
মই থমকি ৰওঁ বিৰহী দময়ন্তীৰ জৰাজীৰ্ণ কুটিৰত

মই কাৰো বাবে নাথাকো ৰৈ,
কাৰো বাবে নহওঁ মই থিৰ;
মহাকালৰ চকৰিৰ দৰে মই এক অনন্ত যাত্ৰী,

যাৰ নাই কোনো ঘৰ, নাই কোনো নিশাৰ জিৰণি

মোৰ জোনাকৰ এন্ধাৰবোৰ কেৱল মইহে জানোঁ,
মই পোহৰ বিলাওঁ, অথচ আন্ধাৰক বুকুৰ পাজৰত বান্ধোঁ

মই একাকী পথিক—
যিয়ে আকাশৰ বুকুত খোজ কাঢ়ি
পৃথিৱীক দি যাওঁ সপোনৰ একো একোটা অমৰ পাণ্ডুলিপি...

মুম্বাই

অঙ্গন:  পৃষ্ঠাঃ 28
তুমি ফাগুন হোৱাৰ কথা আছিল 

দীপালী বৰুৱা 
                                                                
মোৰ উৰুঙা দিনবোৰত
তুমি ফাগুন হোৱাৰ কথা আছিল
বুকুৰ জুইকুৰাক পলাশৰ ৰঙেৰে
ৰাঙলী কৰাৰ কথা আছিল
তুমি ফাগুন হোৱাৰ কথা আছিল।

ৰাতিবোৰে কেঁকায়
দিনবোৰে বিনায়
যেন ...
দিন নাযায়, ৰাতি নুপুৱাই
সেই সময়বোৰত 
তুমি অহাৰ কথা আছিল
তুমি ফাগুন হোৱাৰ কথা আছিল ।

মোৰ অনুভৱে 
চোৱে নে তোমাৰ আকাশ ?
চোৱে নে তোমাৰ হৃদয় ?
ভাল পাওঁ কিয় তোমাক
কেনেকৈ বুজাওঁ মই !
মোৰ জীৱনৰ মৌকোঁহ 
তোমাতে যে আছিল লুকাই ।
মই সূৰ্য্যমূখী ফুল হৈ ফুলাৰ কথা আছিল
তুমি মোৰ ফাগুন হোৱাৰ কথা আছিল ।

বুকুত হেন্দোলি গজা
ভাল পোৱাৰ সেউজীয়াবোৰ
পলাশ , শিমলুৰ ৰঙেৰে
ৰাঙলী হোৱাৰ কথা আছিল 
বকুলৰ সুগন্ধিয়ে
উন্মনা কৰা মনত
ৰাতিবোৰ ৰজনীগন্ধা হৈ 
ফুলাৰ কথা আছিল 
তুমি ফাগুন হৈ অহাৰ কথা আছিল ।

তুমি মোৰ সপোনত ফুলাৰ কথা আছিল
তোমাৰ সুগন্ধিৰে মোৰ চৌপাশ
আমোলমোলাই থকাৰ কথা আছিল
মোৰ সপোনতেই ফুলি
সপোনতেই সৰি পৰাৰ কথাতো নাছিল
তুমি মোৰ ফাগুন হৈ অহাৰ কথা আছিল
তুমি ফাগুন হৈ অহাৰ কথা আছিল ।।

উত্তৰ লক্ষীমপুৰ

অঙ্গন: পৃষ্ঠাঃ 29
প্ৰেমৰ সুবৰ্ণৰেখাত ফাগুন

গৌৰী দেৱী 

আজি পলাশ শিমলু ফুলিছে 
বুকুত স্বপ্নময় ফাগুন 
উচ্ছল বতাহ তোমাৰ খোলাচুলি 
মোৰ এবুকু হেঁ‌পাহ 
চুই চাম যেন তোমাক ।

ফাগুন জীৱনৰ উত্তাল আবেগ 
আশা অনুক্ৰমৰ দুপতীয়া গজালিত 
গজি উঠে সেউজ নৱপত্ৰিকা,
ফাগুনত জীৱন 
শুকান গছপাতত
লঠঙা ডালত
প্ৰাৰ্থনাৰ হোমাগ্নি জ্বলে 
আহুতিত 
নৱজীৱন জাগৰণৰ ন' সপোনে খেলে ।

তোমাৰ হৃদয়ৰ অলিন্দত 
তেজৰঙা ফাগুনৰ গুমৰাগ বাজেনে 
লৃগাঙৰ ৰঙত  
পোখা মেলেনে 
সাতবৰণীয়া, সোণসেৰীয়া আৱেগৰ বকুল ।
প্ৰেম আৰু প্ৰাৰ্থনাৰ চিত্ৰবনত 
শিমলু মদাৰ পলাশৰ কৌমুদী কথকতা ।
দিখৌ নৈ বঢ়াদি হেঁ‌পাহ বাঢ়ে 
অমৃতোপম হাঁ‌হিৰ  
ধূলিয়ৰি বাটত ফাগুনৰ
গুণগুণ, জুনজুন ।
ডাকোৱালৰ টোপোলাত 
বসন্ত বহাগ 
লগত যদি থাকে তোমাৰ 
সোণবৰণীয়া প্ৰেমৰ প্ৰস্তাৱ ।

তেজপুৰ ।

অঙ্গন: পৃষ্ঠাঃ 30
নিৰ্লিপ্ত

নৱমল্লিকা চুতীয়া দাস

থাপি-থুপি থ’লোঁ
      অন্তৰখন...
থাপি-থুপি থ’লোঁ
     সুখবোৰ-আনন্দবোৰ...৷
বেদনাবোৰ থ’লোঁ এচুকত
    এক নিমাখিত আস্বাদনৰ
          আঁৰত...
বেপেৰুৱা সময়বোৰে
      কাঢ়ি লৈ যোৱাৰ ভয়ত ৷
আশাবোৰ থ’লোঁ 
     অতি আলফুলকৈয়ে....
        হৃদয়ৰ নিভৃত কোণত.....
নিৰাশাৰ প্ৰহেলিকাবোৰে
     খেদি ফুৰাৰ ভয়ত ;
হেঁপাহবোৰ থ’লোঁ
    অতি সন্তৰ্পণে...
       কোনেও নজনাকৈয়ে
         এটি উদাসী সন্ধিয়াত........
গধূলিগোপালজোপা
     ফুলাৰ আশাত.....
         এক সুগন্ধি সুষমাত ৷
সপোনবোৰ থ’লোঁ
    সৌ-সিদিনাৰ আবেগভৰা
        প্ৰতি পলৰ....
           স্মৃতিৰ সোপানত....
আওৰাব পাৰোঁ জানোচা
    নিঃসঙ্গতাৰ শুকান বালিচৰত ৷৷

 গুৱাহাটী

অঙ্গন: পৃষ্ঠাঃ 31
অশ্ৰুসিক্ত নয়ন...এক বেদনা

সত্য নাথ শৰ্মা

অশ্ৰুসিক্ত 
নয়নত
নকৰোঁ 
অযথা
পাৰ
আপোন
অমূল্য 
জীৱন !
নেযাওঁ 
আঁতৰি 
সমাজৰ পৰা
নিদিওঁ 
মচি
স্মৃতি মধুৰ 
হ'ব সফল
ভৱিষ্যত 
বিৰল
জীৱন !!

অঙ্গন: পৃষ্ঠাঃ 32
প্ৰেম নিচা 

সুশান্ত বৰুৱা 

ধতুৰা খাই শিৱ কৈলাশত বহি আছে আবেলি 
বৃষভে মূৰ জোকাৰি খাই আছে ঘাঁহ 
যিমানে ধতুৰাৰ চিলিমত হোঁপা দিছে 
সিমানে সতী সোমাই গৈছে 
শিৱৰ হৃদয়লৈ 

শিৱ অস্থিৰ ।
শিৱৰ চকুত গছবোৰ সতীৰ দেহ 
লতাবোৰ সতীৰ কেশ 
শিলত প্ৰতিফলিত সতীৰ মুখমণ্ডল 

উন্মাদপ্ৰায় শিৱ ক্ৰমে শান্ত হৈছে 
জঁটা জোকাৰি শিলত দিছে গংগাৰ অমৃতজল 
শিৱই এতিয়া বুজি পায় 
সতী গছ লতা শিলত জীয়াই আছে 

লাহে লাহে শিৱৰ নিচা বাঢ়িছে 
প্ৰেম নিচা।

গোলাঘাট 
ফোন নং : ৬০০২৯৯৩৪১৩

অঙ্গন: পৃষ্ঠাঃ 33
আকাশ আৰু তুমি

অৰূপ শইকীয়া

জোনাক নিশাৰ উদঙীয়া হ্ৰদটো
আজিও জোখোঁ,
চকুপানীৰে ধাৰ দিয়া কাঁচিজোনৰ আগত
নিলাম হয় মোৰ জোনাকী নিশাৰ পৃথিৱী !!

খিৰিকিৰ মুখত আহি জুমি জুমি চাওঁ
মোৰ চিনাকী আকাশৰ অচিনাকী জোনাক !!

সাগৰত জোৱাৰ উঠিব ,
মেঘৰ মাজত বিজুলী নাচিব,
আকাশৰ নীলা ৰং ঢাকিব জোনাকে ,
বিচাৰি পাব জীৱনৰ বাবে এটি শব্দ !
কবিতা, কবিতা আৰু কবিতা !!

আকাশ তুমি খেদি দিলা উজ্জ্বল ৰ'দ !
খুলি দিলা নিৰল অভ্ৰৰে ভৰা চেঁচা বতাহ চাতিৰে মোৰ হৃদয়ৰ খিৰিকীখন ।

লখিমপুৰ,অসম

অঙ্গন: পৃষ্ঠাঃ 34
হৃদয়ৰ আকুলতা
                  
আৰতী মিশ্ৰ 

সৰো সৰোকৈ ওলমি ৰয়
চকুপানী টোপাল 
তোমাৰ কথা ভাবি 
        চাওঁ কি নাচাওঁকৈ 
         সেমেকি ৰয় নেত্ৰ
        যুগল তোমাৰ দৃষ্টিত 
কওঁ কি নকওঁকৈ 
মৌণ হৈ ৰয়
ওঁঠৰ ভাষাটি
       হাঁহো কি নাহাঁহো কৈ
       ৰৈ যায় হাঁহিটি
     তোমাক কাষতে দেখি
সাইলাখ মনৰ মানুহ জন
বিচাৰি পাওঁ মিচিকিয়া হাঁহিটিত 
শাঁত পৰে দেহা 
হিয়াৰ আঁকুলতাত
     দুলি থাকে চকুৰপতাত
      এঢানি সৰগী সুখ
     পৰাণত বলে সমীৰণ 
ব্যাকুলতাত উজাগৰী হৃদয় 
বাঢ়ি যায় মৰমৰ স্থায়ীত্ব 
হৃদয় স্পন্দনত।।
     
নলবাৰী

অঙ্গন: পৃষ্ঠা 35
মাতৃভাষা

নিকি মেধি

       (১)

 " স্বৰধ্বনিত ধ্বনিত জীৱনৰ আদিপাঠ
মাতৃভাষাৰ বটবৃক্ষত শোভে,
জীৱন সপোনৰ মায়াময় বুনিয়াদ
পোণাকণে আওৰাই জীৱনৰ পাঠ
  অ অমিতা আ আম
   মিঠা মিঠা ফলবোৰ 
 পেট ভৰাই খাম ।"

          (২)
" মাতৃভাষাৰ বুকুত সপোনৰ লয়লাস
 আপোনতাৰ হেঁপাহৰ সুন্দৰতাত
অ , আ , ক, খ ৰে আৰাম্ভ হয়
আনুষ্ঠানিক শিক্ষা অকণিৰ আদিপাঠ 
নেওতাত বুনিআদি উজুধাৰাপাঠ ।

           ( ৩)
" ভাষাবৃক্ষৰ সাহিত্যত আমি
আজন্মৰ শিকাৰু কৃপাকৰা
হে মোৰ আই অসমী  
দিয়া তযু চৰণ তলে ঠাই 
আমি আজ্ঞানী হে মোৰ আই অসমী 
তুমি মোক দিবা শুধৰাই ।"

-চিৰ চেনেহী মোৰ ভাষা জননী-

অঙ্গন:  পৃষ্ঠাঃ 36
সময়ে কথা কয়

শিল্পী দাস(প্ৰিয়)
      
চিকিৎসকে যেতিয়া স্পষ্টতাৰে ব্যক্ত কৰে—
অলপ আগত আনিলে 
জীয়াই থাকিলে হয়,
তেতিয়া সময়ে কথা কয়।

ৰে'লখন যেতিয়া দৌৰি দৌৰিও
যাত্ৰীজনে ধৰিব নোৱাৰে,
হৃদয়ৰ ভাষাত
তেতিয়া সময়ে কথা কয়।

কাঁইটীয়া বাটৰ মানসিক স্তৰ
জোখত প্ৰখৰ
বুদ্ধিৰে নহয় পাৰ, 
তেতিয়া সময়ে কথা কয়।

অতীতে সহজলভ্য ভৱা
ভৱিষ্যৎ যেতিয়া কঠিনত্ব অংগ 
ভঙা হিয়াৰ দুৱাৰত 
তেতিয়া সময়ে কথা কয়।

অহংকাৰ আৱেদনকাৰী
পৰিস্থিতিৰ চিকাৰ হৈ
উপলব্ধি কৰা আত্মাত 
তেতিয়া সময়ে কথা কয়।

অপমান-অৱহেলাৰ বিপৰীতে 
ধৈৰ্য সহকাৰে নীৰৱে-নিস্তব্ধে
যেতিয়া স্বাৱলম্বীত জয় কৰে 
তেতিয়া সময়ে কথা কয়।

প্ৰতিক্ষণে-প্ৰতিদিনে 
জীৱনে-মৰণে
সুখ-দুখৰ হিচাপত
তেতিয়া সময়ে কথা কয়।

ৰাণীপুখুৰী, ভালুকমাৰী (হোজাই)

অঙ্গন: পৃষ্ঠা 37
গল্পঃ
দেৱদূত

অবন্তী চক্ৰৱৰ্তী

         কলিং বেলৰ শব্দ শুনি সৌৰভৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷ গোটেই সপ্তাহটো দুপৰীয়া জিৰণি ল’বলৈ সময় নাপায়, তাতে শীতকালি দুপৰীয়া উদৰ পূৰাই ভাতকেইটা খাই লেপৰ তলত সোমোৱাৰ আমেজেই বেলেগ! আজিনো এই দুপৰীয়াখন কোন আহি ওলাল/ লেপৰ তলৰ পৰা ওলাম-ওলাম বুলি ভাবি থাকোঁতেই কলিং বেলটো পুনৰ বাজি উঠিল৷ এইবাৰ সৌৰভ উচাৎ মাৰি আহি দুৱাৰৰ ওচৰ পালেহি, পিচে পিচে মাক সৰোজ দেৱীও আহিল৷ দুৱাৰ খুলি দেখে দুৱাৰমুখত ৰৈ আছে ‘চেৰা’৷ ল’ৰাটোৰ নাম আচলতে বিজয়, কিন্তু তাৰ কথা-বতৰা, খোজ-কাতল সকলোবিলাক সাধাৰণ মানুহতকৈ বেলেগ আৰু অস্বাভাৱিক বাবে চুবুৰীৰ মানুহে তাক চেৰা বুলিয়েই মাতে৷ সৌৰভক দেখি লগে লগে চেৰাই চিঞৰি ক’লে,
“দাদা, আপোনালোকৰ ‘গৌৰৱ দাদা’ পৰি গ’ল, মৰি গ’ল৷” সৌৰভে ঠাট্টাৰ সুৰত ক’লে, “থ,থ, তই ক’ত দেখিলি/”চেৰাই পুনৰ ক’লে, “মই দেখিলোঁ, নিজেই দেখিলোঁ, গৌৰৱ দাদা ৰাস্তাতে পৰি গ’ল, মৰি গ’ল, পাণবজাৰ মেডিকেললৈ লৈ গ’ল৷” এইবাৰ সৌৰভে কথাখিনি অলপ গুৰুত্ব দিলে আৰু চিৰিৰে ওপৰলৈ উঠি গ’ল৷
         পাঁচ পুত্ৰৰ মাতৃ কুন্তী নামেৰে খ্যাত ‘সৰোজ দেৱী’ বৰ হিচাপী মহিলা৷ তেওঁৰ নিজৰ মাটিতে দুমহলীয়া ঘৰ সাজি তলে-ওপৰে একে সমান কৰি চাৰিটাকৈ মুঠ আঠটা ঘৰ সজাই থৈছে৷ ওপৰৰ দুটা ঘৰৰ এটাত বৰপুত্ৰ পল্লৱৰ পৰিয়াল থাকে, এটাত দ্বিতীয় পুত্ৰ গৌৰৱ পত্নী মায়াৰ সৈতে থাকে; দুটা ঘৰ ভাড়াত দিছে৷ তলৰ এটা ঘৰত তৃতীয় পুত্ৰ ‘বৈভৱ’ৰ পৰিয়াল থাকে৷ চতুৰ্থ পুত্ৰ বিপ্লৱ চাকৰি সুত্ৰে গুৱাহাটীৰ বাহিৰত থাকে বাবে সেই ঘৰটো আৰু এটা ঘৰ ভাড়াত দিয়া আছে৷ পঞ্চম তথা নুমলীয়া পুত্ৰ সৌৰভে এতিয়ালৈকে বিয়া কৰোৱা নাই, সেয়ে মাক আৰু তেওঁ একেটা ঘৰতে থাকে৷ সৌৰভৰ দেউতাক ঢুকোৱা তিনিবছৰ হৈছে৷ সৰোজ দেৱীৰ মতে একেলগে থাকি খাই কাজিয়া-পেচাল কৰি থকাতকৈ বেলেগ বেলেগকৈ নিজৰ মতে থাকি খাই মিলেৰে থকাই ভাল, সেয়ে এই ব্যৱস্থা৷
সৌৰভ ওপৰলৈ গৈ গৌৰৱৰ ঘৰৰ কলিংবেল বজালে৷ মায়াই চকু মোহাৰি-মোহাৰি দুৱাৰ খুলি দিলে৷ সৌৰভে সুধিলে, “বৌ, মাজুদাদা ঘৰত আছেনে ?” মায়াই উত্তৰ দিলে, “এওঁ ১১ মান বজাতে জিলা পুথিভৰাললৈ বুলি ওলাই গৈছে, ভাত খাবলৈও নাহিল; নিজৰ মোবাইল ফ’নটোও এৰি থৈ গৈছে, গতিকে মই তেওঁক contact কৰিব পৰা নাই, এওঁৰতো এইবিলাক উৎপাত আছেই, গতিকে মই ভাত-পানী খাই আৰামত শুই আছোঁ৷’’ লগে-লগে সৌৰভৰ মুখৰ পৰা ‘অহ’ বুলি ওলাই আহিল; মায়াই সৌৰভৰ মুখলৈ চাই ‘কি হ’ল’ বুলি সোঁধোতেই চেৰাই আকৌ ক’লে,‘‘বৌ, গৌৰৱ দাদা পৰি গ’ল, মৰি গ’ল৷’’ এইবাৰ মায়া শিলপৰা কপৌ যেন হৈ দুৱাৰমুখত ৰৈ থাকিল; সৌৰভ লৰা-লৰিকৈ তললৈ নামি গ’ল আৰু পাইজামাটো সলাই পেণ্টটো পিন্ধি বাহিৰলৈ দৌৰ মাৰিলে; মায়াই হঠাৎ সম্বিত ঘূৰাই পাই পিন্ধি থকা চেলোৱাৰ-কামিজ যোৰৰ ওপৰতে শ্বল এখন লৈ সৌৰভৰ পিচে-পিচে দৌৰ মাৰিলে; সৰোজ দেৱীয়ে মায়াৰ হাতত কেইটামান টকা গুজি দিলে৷ ঘটনাৰ উমান পাই পল্লৱ আৰু বৈভৱৰ পৰিয়াল আহি মাকৰ ওচৰ পালেহি৷
           অট’ ৰিক্সা এখন লৈ সৌৰভ আৰু মায়া পাণবজাৰ মেডিকেল গৈ পাওঁতে সন্ধ্যা লাগিছিল৷ বহুত খবৰ কৰিও তেওঁলোকে ‘গৌৰৱ শৰ্মা' নামৰ কোনো ৰোগীৰ খবৰ নাপালে৷ মায়াই তাতে বহি হুকহুকাই কান্দিবলৈ আৰম্ভ কৰিলে৷ সৌৰভে আৰক্ষীৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লৈ মায়াক জনাওঁতেই এগৰাকী বয়সীয়া নাৰ্চ আহি মায়াক ‘কি হৈছে’ বুলি সোধাত সৌৰভে গোটেই কথাখিনি জনালে৷ নাৰ্চ গৰাকীয়ে অলপ ভাবি ক’লে, ‘‘অ, ধৰিব পাৰিছোঁ, আবেলি ৩ মান বজাত কোনোবাই ৰাস্তাত পৰি মূৰ ফাঁটি অজ্ঞান হৈ পৰা মানুহ এজন লৈ আহিছিল, কিন্তু এক্সিডেণ্ট কেচ্‌ আমাৰ ইয়াত ৰখাৰ অসুবিধাৰ বাবে গুৱাহাটী মেডিকেললৈ পঠালে৷ তোমালোকে তাত গৈ খবৰ কৰি চাব পাৰা৷’’ নাৰ্চ গৰাকীক ধন্যবাদ জনাই দুয়ো এইবাৰ মেডিকেল কলেজ, ভাঙাগড়লৈ ধপলিয়ালে৷ জৰুৰীকালীন বিভাগত খবৰ কৰি এজন নাম নজনা অজ্ঞাত লোকৰ সন্ধান পালে মায়া আৰু সৌৰভ তালৈকে গৈ দেখে এখন বিছনাত মূৰত এটা বেণ্ডেজ লৈ গৌৰৱ’ অজ্ঞান হৈ পৰি আছে, পিন্ধনত তলফালে এখন গামোচা আৰু ওপৰৰ চোলা, চুৱেটাৰো মলিয়ন; মায়াই গৈ গৌৰৱক সাৱটি ধৰিলে৷ বিছনাৰ কাষত আমন-জিমনকৈ ৰৈ থকা ল’ৰা দুজনলৈ সৌৰভে চাওঁতেই এজনে সুধিলে, ‘‘এই মানুহজন আপোনালোকে চিনি পায় নেকি ?’’ সৌৰভে মূৰ দুপিয়ালে আৰু ক’লে, এখেত মোৰ দাদা, কিন্তু মই আপোনালোকক চিনি পোৱা নাই/’’ দুয়োজনেই প্ৰায় একেলগেই ক’লে,‘‘ আমি নগাঁৱৰ ল’ৰা, ইয়াৰে এখন স্থানীয় আলোচনীত সহকাৰী সম্পাদকৰ চাকৰি কৰোঁ৷ এই দাদাজনক প্ৰায়েই আমি জিলা পুথিভঁৰালত দেখোঁ৷ কিন্তু কেতিয়াও চিনাকি হোৱা নাই৷ আজিও এখেত পুথিভঁৰালৰ পৰা ওলাই অহাৰ অলপ পাছতে আমিও ওলাই আহিছিলোঁ; হঠাতে দেখোঁ দাদাজন মূৰ ঘূৰাই ৰাস্তাতে পৰি গ’ল৷ ওচৰ চাপি দেখিলোঁ তেখেতে ইতিধ্যেই মল-মূত্ৰ ত্যাগ কৰিছে আৰু কপালৰ পৰা তেজ বৈছে৷ পুথিভঁৰালৰ পৰা চাফাই কৰ্মচাৰী এজন মাতি আনি এখেতক চাফা কৰিবলৈ অলপ পইচা দিলোঁ আৰু ওচৰৰ দোকানৰ পৰা এখন গামোচা কিনি আনি মানুহটোৰ হতুৱাই পিন্ধাই দি অট’ এখনত তুলি পাণবজাৰ মেডিকেললৈ লৈ গ’লো, কিন্তু তাত ৰাখিবলৈ অস্বীকাৰ কৰাত ইয়ালৈ লৈ আহিলোঁ৷ আমি এখেতৰ নাম-ঠিকনা একো নাজানোঁ, সেয়ে কাকো খবৰ দিব পৰা নাই আৰু এৰি থৈও যাব পৰা নাই,’’ সৌৰভে দুয়োজনকে বহুত ধন্যবাদ জনালে, মায়াই নমস্কাৰ কৰি কৃতজ্ঞতাৰে মূৰ দোৱালে৷ সৌৰভে ক’লে, ‘‘আপোনালোকে দিনটো একোকে খোৱা নাই চাগৈ, আহক কিবা এটা খাই ল’ব, ‘‘ল’ৰা দুজনক লৈ সৌৰভ যাবলৈ ওলাওঁতে মায়াই শাহুৱেকে দিয়া টকাকেইটা সৌৰভলৈ আগবঢ়াই দিলে৷ বাহিৰৰ হোটেলত ল’ৰা দুজনক ভালকৈ খুৱাই-বোৱাই সৌৰভে তেওঁলোকৰ হাতত কিছু টকা দিলে৷ দুয়োজনেই একেলগেই ক’লে, ‘‘আমাক বেছি পইচা নালাগে দাদা, মাত্ৰ নিজৰ ঘৰলৈকে যাবলৈ অট’ৰ ভাড়াখিনি দিলেই হ’ব৷ আমি দুয়োজনেই অতি সামান্য দৰমহাত কাম কৰোঁ, গতিকে আমাৰ পকেটত বেছি পইচা নাথাকে; আজি আমাৰ দুয়োৰে পকেটত থকা টকাকেইটা দাদাজনৰ লগতেই খৰছ হ’ল৷’’ সৌৰভে তেওঁলোকক অন্তৰেৰে ধন্যবাদ জনাই তেওঁলোকৰ নাম-ঠিকনা, ফ’ন নম্বৰ লৈ তেওঁলোকৰ অট’ৰ ভাডাখিনি দি বিদায় দিলে৷ সেইদিনা ৰাতিটো গৌৰৱৰ ওচৰতে থকাৰ সিদ্ধান্ত লৈ সৌৰভে মায়াক জোৰকৈ ঘৰলৈ পঠাই দিলে৷
        পিছদিনা সৌৰভৰ যত্নতে এটা কেবিন যোগাৰ হ’ল আৰু গৌৰৱক কেবিনলৈ নিয়াৰ পাছত সঠিক চিকিৎসা আৰম্ভ হ’ল৷ মায়া আৰু সৌৰভৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ সেৱা-শুশ্ৰূষাত এমাহমানৰ পাছত গৌৰৱ কিছু সুস্থ হৈ উঠাত গৌৰৱ চিকিৎসালয় পৰা ঘৰলৈ আহিল, ঘৰতো চিকিৎসা-যত্ন-শুশ্ৰূষাৰ কোনো ত্ৰুটি নঘটিল৷ লাহে-লাহে গৌৰৱে খোজ কাঢ়িব পৰা হ’ল৷ ইতিমধ্যে ব’হাগৰ বিহু আহি পালে৷ সৰোজ দেৱী আৰু মায়াই বিহুৰ দিনাই গৌৰৱক সহায় কৰা ল’ৰা দুজনক বিহু খাবলৈ নিমন্ত্ৰণ কৰিলে৷ মায়াই লুচি-ভাজি-পায়স-লাডু-পিঠা আদি বিভিন্ন ব্যঞ্জনেৰে ল’ৰা দুজনক আপ্যায়ন কৰিলে৷ সৰোজ দেৱীয়ে দুয়োকে দুখন বিহুৱান দি মৰম কৰি ক’লে,‘‘ তোমালোকৰ বাবেই আজি মোৰ বুকু শুদা নোহোৱাকৈ থাকিল আৰু বোৱাৰীৰ শিৰৰ সেন্দূৰকণও উজলি থাকিল৷ তোমালোকক কেনেকৈ ধন্যবাদ দিম নাজানো! আমাৰ বাবে তোমালোক দেৱদূত সদৃশ৷’’ মাকৰ কথা মনে-মনে শুনি থকা সৌৰভে হঠাতে চিঞৰি ক’লে, ‘‘বৌ, আৰু এখন প্লেট ৰেডি কৰা আৰু মা, তুমি আৰু এখন বিহুৱান উলিয়াই আনা, মই এতিয়াই আহি আছোঁ৷’’ এইবুলি কৈয়েই সৌৰভ লৰা-লৰিকৈ ওলাই গ’ল, আৰু অলপ পিছত ‘বিজয় [চেৰা]’ক লগত লৈ ঘূৰি আহিল; আৰু ক’লে, ‘‘আমি এইজন দেৱদূতলৈ পাহৰিয়েই গৈছিলোঁ৷ বিজয়ে খবৰ নিদিয়া হ’লে মাজুদাদাক বিচাৰি পোৱাই কঠিন হ’লহেঁতেন৷’’ সকলোৱে সন্মতিৰে হয়ভৰ দিলে; মায়াই যতনাই দিয়া সকলোখিনি খাদ্য বিজয়ে গো-গ্ৰাসে খাই পেলালে৷ তাৰ পাছত সৰোজ দেৱীয়ে বিজয়ৰ ডিঙিত এখন বিহুৱান পিন্ধাই দিলে৷ হঠাতে ঘটি যোৱা ঘটনা বিলাকৰ কোনো আঁত ধৰিব নোৱাৰি বিজয়ে ইফালে-সিফালে চালে আৰু ডিঙিৰ গামোচাখনলৈ চাই এটা হাঁহি মাৰিলে, তাৰপাছত গান গাই-গাই নাচিবলৈ ধৰিলেঃ
“বিহুৰে গামোচা পালোঁ ঐ
লাড়ু-পিঠা খালোঁ ঐ”
গান গাই নাচি-নাচি বিজয় ৰাস্তালৈ ওলাই গ’ল; মায়াৰ ঘৰৰ বেলকনিৰ পৰা সকলোৱে আধা বলিয়া ল’ৰাটোৰ কাণ্ড-কীৰ্তি আচৰিত হৈ চাই থাকিল৷
সৌৰভৰ মুখত আত্ম সন্তুষ্টিৰ হাঁহি ফুঁটি উঠিল৷

নতুন দিল্লী

কককককককককককককককককককককককককককককককককককককককককক
অঙ্গন: পৃষ্ঠা 38
গৃহ প্ৰৱেশ

হেমপ্ৰভা তাছা

     ন'কৈ গঢ়ি উঠা চহৰখনৰ মাজ ভাগত সেউজীয়া ৰঙৰ এটা ডাঙৰ ঘৰ৷ দুমহলীয়া ঘৰটোলৈ চালে চকু ৰৈ যায়৷ কোনোবা ভাল আৰ্কিটেক্ট ডিজাইন কৰা বুলি দেখিলেই অনুমান কৰিব পাৰি৷ অৱশ্যে এতিয়ালৈকে গৃহ প্ৰৱেশ হোৱা নাই৷ ঘৰটোৰ প্ৰতিটো কোঠাৰ ইনাৰ ডেক’ৰেচনৰ কাম চলি আছে৷ মাটি এবিঘামানেই হ’ব৷ ওৱালৰ কাষে কাষে নানাবিধ ফল-মূলৰ পুলি ৰোপণ কৰিছে৷ সন্মুখ ভাগত ফুলৰ পুলি, তুলসী পুলি আৰু ঘৰটোৰ পূব কোণত কলৰ পুলি ৰুইছে৷ এইবোৰ দেখি বাটেদি অহা-যোৱা কৰা কোনো কোনোৱে কথা পাতে৷ ঘৰটো বৰ ধুনীয়াকৈ সাজিছে কিন্তু৷ কাষে কাষে বিভিন্ন গছৰ পুলি, ফল-মূলৰ পুলি আদিও ৰুইছে৷ মানুহজনৰ পৰিকল্পনাটো সঁচাকৈ মানিব লাগিব৷ অৱশ্যে ঘৰটো কাৰ, কোনে সাজিছে, সেই কথা কিন্তু কোনেও নাজানে৷ ওচৰ-চুবুৰীয়াৰ বাবেও ই এটা ৰহস্য হৈ আছে৷ কাৰণ চুবুৰিটোৰ লোকসকলে ঘৰটোৰ মালিক যেন বুলি ভাবিব পৰা কোনো এজন মানুহকে এতিয়ালৈকে দেখা নাই৷ লেতেৰা-পেতেৰা কাপোৰ পিন্ধা শ্ৰমিকসকলে তাত কাম কৰি থকাহে দেখিছে৷ অৱশ্যে এইবোৰ কথাৰ বৰকৈ খবৰ ৰাখিবলৈ চুবুৰিৰ মানুহবোৰৰ সময়ো নাই৷ কাৰণ সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে৷ চুবুৰিটোত বহু গণ্য-মান্য ব্যক্তিয়ে ঘৰ সাজি বসবাস কৰিছে৷ কাৰ খবৰনো কোনে ৰাখে ? চাকৰি নকৰা মহিলাসকল ঘৰুৱা কাম-বনৰ বাহিৰেও স্কুললৈ ল’ৰা-ছোৱালী অনা-নিয়া কৰাত ব্যস্ত হৈ থাকে৷ বেছিভাগ পৰিয়ালৰে সন্তানবিলাক স্কুলত পঢ়ি আছে৷
         হয়, ঘৰটোৰ মালিক নিৰঞ্জন কৰ্মকাৰ৷ তেওঁ সময়-সুবিধা পালেই ঘৰৰ কামত ব্যস্ত হৈ থাকে৷ শ্ৰমিকসকলৰ লগত মিলি গছৰ পুলি ৰোৱা আৰু চোৱা-চিতা কামত ব্যস্ত হৈ থাকে৷ ঠিক শ্ৰমিকসকলৰ দৰেই সাজ পিন্ধি কাম কৰি থাকে৷ সেইবাবে লগত কাম কৰি থকা শ্ৰমিকসকলেও মালিকজনক তেওঁলোকৰ লগৰে এজন বুলি ভাবে৷ ঘৰটোৰ ঠিকা লোৱা মানুহজনেও ক’ৰ পৰা শ্ৰমিক আনি কামত লগায় কোনেও নাজানে৷ একেকেইজন শ্ৰমিককে কামত নলগায়৷ সাতদিনমান কাম কৰাৰ পাছত পুনৰ নতুন শ্ৰমিক আনে৷ সিহঁতৰ মাজত চিনা-পৰিচয় হ’বলৈকে সময় নাপায়৷ সেইবাবেই মালিক নিৰঞ্জন কৰ্মকাৰক কোনেও চিনি নাপায়৷
           নিৰঞ্জন কৰ্মকাৰ নামনি অসমৰ কোনোবা এখন চাহ বাগানৰ সন্তান৷ তেওঁৰ চাহ বাগিচাৰ লাইনতে জন্ম আৰু তাতে ডাঙৰ দীঘল হ’ল৷ বাগানৰ কাষৰ প্ৰাথমিক বিদ্যালয়তে পঢ়া-শুনা শেষ কৰি ঘৰৰ পৰা কিছু দূৰত থকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ’ল৷ সেয়েহে বাগানৰ কতৃৰ্পক্ষই তেওঁৰ পঢ়াৰ খৰচ বহন কৰিবলৈ সিদ্ধান্ত ল’লে৷ মহাবিদ্যালয়ৰ শিক্ষা শেষ কৰি বিশ্ববিদ্যালয়ৰ পৰীক্ষাতো তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হ’ল৷ চাকৰি বিচাৰি বৰ বেছি ফুৰিব লগা নহ’ল৷ ভাৰতীয় তেল নিগমৰ চাকৰিত যোগদান কৰি ঘৰৰ পৰা নিলগত থাকিব লগা হ’ল৷ ঘৰত এৰি অহা মাক আৰু ভনীয়েক দুজনীলৈ তেওঁৰ বৰকৈ মনত পৰে৷ সৰুতে তেওঁ মাকৰ সৈতে বাগানৰ কামলৈ গৈছিল৷ মাকৰ পাত ছিঙা-কোৰ মৰা কামত সহায় কৰি দিছিল৷ ভনীয়েক দুজনীক কোলাত লৈ ডাঙৰ কৰিছিল৷ কেতিয়াবা মাকলৈ মনত পেলাই তেওঁ চকুলো টোকে৷ দেউতাকে বাগানত গৰখীয়াৰ কাম কৰিছিল৷ দিনৰ দিনটো গৰুমখাৰ পিছে পিছে দৌৰি ফুৰোঁতে ভৰিৰ বিষত ৰাতি জ্বৰ উঠে৷ মাকে কেৰাচিন তেলৰে দেউতাকৰ ভৰি দুটা মালিচ কৰি বিষ কমাবলৈ চেষ্টা কৰে৷ কিন্তু অলপ সময়ৰ বাবে ভাল পায়; আকৌ বিষে অসহ্য কষ্ট দিয়ে৷ শেষত উপায়হীন হৈ দেউতাকে চাকৰি এৰিবলৈ বাধ্য হ’ল৷ বহুত চিকিৎসা কৰিও দেউতাকক ভাল কৰিব নোৱাৰিলে৷ মৃত্যুৰ আগমুহূৰ্তলৈকে দেউতাকে চিঞৰা শব্দবোৰ এতিয়াও নিৰঞ্জনৰ কাণত বাজি থাকে৷ এইদৰে চিঞৰ-বাখৰ কৰিয়ে দেউতাকে এদিন সংসাৰ ত্যাগ কৰিলে৷ ভনীয়েক দুজনী বিয়া হৈ যোৱাৰ পিছত মাক একেবাৰে অকলশৰীয়া হৈ পৰিল৷ মেনেজাৰে মাকক বাগানৰ কামৰ পৰা আজৰি কৰি আৰাম কৰিবলৈ পৰামৰ্শ দিলে৷ মাকৰ বদলি সৰুজনী জীয়েকক চাকৰিটো দিলে৷ মাকে সৰু জী-জোঁৱাইৰ ঘৰত থাকিবলৈ ভাল পায়৷ পুতেকে বহু চেষ্টা কৰিও নিজৰ ওচৰলৈ নিব নোৱাৰিলে৷ কোম্পানীৰ ঘৰটোকে নিজৰ ঘৰ বুলি ভাবে৷ সেয়েহে পুতেকৰ চৰকাৰী ঘৰত থাকিবলৈ নাযায়৷ এইটো নিৰঞ্জনৰ বাবে বৰ বেজাৰ আৰু চিন্তাৰ বিষয় হৈ পৰিছে৷ কিন্তু মাকক যিকোনো উপায়েৰে নিজৰ ওচৰলৈ নিবই লাগিব বুলি তেওঁ দৃঢ় প্ৰতিজ্ঞ হ’ল৷
            ইতিমধ্যে নিৰঞ্জনৰ নতুন ঘৰটো সম্পূৰ্ণ হ’ল৷ গৃহ প্ৰৱেশৰ বাবে পূজাৰীয়ে দিন বাৰ ঠিক কৰিলে৷ পূজা এভাগ কৰি গৃহ প্ৰৱেশ কৰাৰ কথা ভাবিছে তেওঁ৷ যিজন পূজাৰীয়ে তেওঁৰ বিয়া পাতি দিছিল সেইজন পূজাৰীকে গৃহ প্ৰৱেশৰ পূজা কৰিবলৈ নিমন্ত্ৰণ কৰিছে৷ পূজাৰীয়ে ক’লে-‘শিৱ পূজা কৰি গৃহ প্ৰৱেশ কৰিলে ভাল হ’ব৷ নিৰ্দিষ্ট দিনত গৃহ পূজা পতা হ’ল৷ নিৰঞ্জনে ল’ৰা-ছোৱালীহালক লৈ মাকক আনিবলৈ বাগানলৈ ৰাওনা হ’ল৷ বাগানৰ লাইনৰ মাজত থকা মাকৰ ওচৰ পালেগৈ৷ নাতিহঁতক দেখি আইতাকৰ আনন্দৰ সীমা নোহোৱা হ’ল৷ নাতি দুটা দেখি আইতাকৰ অন্তৰ আৱেগেৰে ভৰি পৰিল৷ এয়া ঈশ্বৰৰ নিৰ্মালি বুলি আইতাকে নেদেখাজনৰ ওচৰত হাতযোৰ কৰি প্ৰাৰ্থনা জনালে৷
কিছুসময় নীৰৱ হৈ থকাৰ পাছত নিৰঞ্জনে মাকক ক’লে-‘মা, তোক আমি নিবলৈ আহিছোঁ৷ দুদিনমান মোৰ ওচৰত থাকি আহিবি ব’ল৷’ মাক উচপ খাই উঠিল৷ মই চহৰলৈ নাযাওঁ বাবু৷ তই মোক জোৰ নকৰিবি৷ এইদৰে তহঁতে আহি থাকিবি৷ এইবাৰ আহিলে বোৱাৰীকো লৈ আহিবি৷ নাতিয়েকহঁতে বহুত বুজাই-বঢ়াই আইতাকক মান্তি কৰালে৷ সিহঁতে আইতাকৰ টালি-টোপোলাবোৰ গাড়ীত তুলিলে৷
          নিৰঞ্জনৰ মাকে জীৱনত প্ৰথমবাৰৰ বাবে চহৰলৈ বুলি যাত্ৰা কৰিছে৷ অন্যহাতেদি তেওঁ প্ৰথমবাৰৰ বাবে মটৰ গাড়ীত উঠিছে৷ এই কথাটো পুতেকে অনুভৱ কৰিছে৷ কিন্তু মাকে এই বিষয়ে একো কোৱা নাই৷ মটৰ গাড়ীত উঠি তেওঁ বৰ আৰাম পাইছে৷ মুখেৰে প্ৰকাশ নকৰিলেও মনত আনন্দ অনুভৱ কৰিছে৷ মাকৰ চকুহাল চলচলীয়া হৈ পৰাটো পুতেকে লক্ষ্য কৰিছে৷
নিৰঞ্জনে পোনে পোনে নতুন ঘৰলৈকে ৰাওনা হ’ল৷ ডাঙৰ গেটখনৰ সন্মুখত গাড়ীখনৰ ষ্টাৰ্ট বন্ধ কৰিলে৷ ল’ৰা-বোৱাৰীহালে সুধিলে-‘কি হ’ল বাবা গাড়ীখন বেয়া হ’ল নেকি ? কাৰণ তেওঁলোকে নতুন ঘৰটোলৈ আগেয়ে অহা নাই৷ নিৰঞ্জনে মাক আৰু সন্তান দুটিক প্ৰথমবাৰৰ বাবে নতুন ঘৰটোলৈ আনিছে৷ নিৰঞ্জনে নতুন ঘৰটোত মাকৰ প্ৰথম খোজ পেলোৱাৰ কথা ভাবি থৈছিল৷ আজি তেওঁৰ মনৰ ইচ্ছা পূৰণ কৰিলে৷ মাৰ্বল দিয়া মজিয়াত মাকৰ চৰণযুগলৰ ধূলি পৰক বুলি ভাবিছে নিৰঞ্জনে৷
ঘৰটোৰ ৰখীয়া ল’ৰাটোৱে দৌৰি আহি গেটখন খুলি দিলেহি৷ গাড়ীখন মুকলি চোতালখনৰ এচুকত ৰখালে৷ নিৰঞ্জনে নিজে গাড়ীৰ পৰা নামি মাকক নামিবৰ বাবে গাড়ীৰ দৰ্জাখন খুলি দিলে৷ ল’ৰা-ছোৱালীহালে গাড়ীৰ পৰা নামিয়েই ভিতৰলৈ দৌৰিল৷ আইতাক অহাৰ কথা নিজৰ মাকক ক’লেগৈ৷ নিৰঞ্জনে মাকক গাড়ীৰ পৰা নমাই হাতত ধৰি ঘৰৰ ভিতৰলৈ আগবঢ়াই দিলে৷ মাকে পুতেকক আগবাঢ়ি যাবলৈ ইংগিত দিলে৷ কিন্তু মাকক আগবাঢ়িবলৈ দি তেওঁ পিছে পিছে ভিতৰ সোমাল৷ জীতু আৰু জীনাক নিৰঞ্জনে ক’লে-যোৱা মাৰাক কোৱাগৈ আইতাৰাক আগবঢ়াই নিবলৈ৷ আমি ইয়াতে থাকিব লাগিব মা৷ মাকে সুধিলে-ইমান ধুনীয়া ঘৰটো কোনে সাজিলে বাবু ? নিৰঞ্জনে ক’লে-মা, ঘৰটো আমি লাগি-ভাগি সকলোৱে মিলি সাজিলোঁ৷ মাকে একো নক’লে৷ জীতু আৰু জীনাই দৌৰি দৌৰি ৰুমবোৰ চালে৷ দ্বিতীয় মহলাত এটা কোঠা দেখি জীনা ৰৈ গ’ল৷ বাঃ ইমান ধুনীয়া ৰুম এইটো কাৰ ৰুম বাবা ? নিৰঞ্জনৰ মাকেও কোঠাটো দেখি ৰৈ গ’ল৷ পুতেকক সুধিলে--‘এইটো কোঠাত কোন থাকিব বাবু ? তোৰ ছোৱালীৰ বাবে সাজিছ নেকি ?
নিৰঞ্জনে ক’লে--নহয় মা, মই এগৰাকী দেৱীক সদায় পূজা কৰোঁ আৰু সেই দেৱীগৰাকীৰ বাবেই এই কোঠাটো সাজিছোঁ। মাকে ক’লে-‘ভাল কৰিছ বাবু, সেই দেৱীগৰাকীয়ে তোক আৰু শক্তি দিয়ক৷ এই ধুনীয়া কোঠাটো দেৱীৰ বাবে সাজি তই বহুত ভাল কাম কৰিছ বাবু৷ নিৰঞ্জনৰ মাকে মনতে ভাবিলে৷ কোনগৰাকী দেৱীক সি পূজা কৰে--লক্ষ্মী, সৰস্বতী, দুৰ্গা, কালী, মনসা, সন্তষীমা আদি কেইবাগৰাকীও দেৱী আছে, তাৰে কোনোবা এগৰাকীক কৰে বুলি মাকে ধৰি ল’লে৷ এৰা, আগতে জনা হ’লে ময়ো সেইগৰাকী দেৱীক পূজা কৰিলোঁহেঁতেন৷ তেতিয়া হয়তো মোৰ মানুহজন বেমাৰ হৈ নমৰিলহেঁতেন৷ নিৰঞ্জনৰ মাকে সকলো কথা মনতে বান্ধি ৰাখিলে৷
          বৰ বাহুল্যভাবে গৃহ প্ৰৱেশৰ অনুষ্ঠান আয়োজন কৰা নাই যদিও লগৰীয়া কেইজনৰ বাবে নিশাৰ ভোজনৰ যোগাৰ কৰিলে৷ প্ৰত্যেকৰে মুখত কেৱল নতুন ঘৰটোৰ প্ৰশংসা৷ নিৰঞ্জনৰ চাকৰি কৰা কিমান বছৰ হ’ল ? ঘৰটোত মুঠতে কিমান টকা খৰচ হ’ল ? ভেটি-মাটি কিমান আছে ইত্যাদি প্ৰশ্নৰ সন্মুখীন হ’ব লগা হ’ল নিৰঞ্জন কৰ্মকাৰ৷ তেওঁ ইমান প্ৰশ্নৰ সন্মুখীন হ’ব লাগিব বুলি ভবাই নাছিল৷ মানুহৰ ব্যক্তিগত জীৱনৰ খবৰ ল’বলৈ ইমান ব্যগ্ৰ হোৱা মানুহবোৰৰ চৰিত্ৰ আজি নিৰঞ্জন কৰ্মকাৰে ভালকৈ চিনি পালে৷ তেওঁ এটা প্ৰশ্নৰো উত্তৰ নিদিলে৷ ইমান কষ্ট কৰি বেংকৰ ঋণ লৈ ঘৰটো সাজিছে; তাতে লগৰীয়াবোৰৰ ইমান হিংসাৰ ভাব থাকিব পাৰে বুলি তেওঁ ভাবিব পৰা নাছিল৷ আজি নিৰঞ্জনে বাৰুকৈয়ে উপলব্ধি কৰিলে--মানুহ চিনি পোৱাটো কিমান জটিল৷ তেওঁ আজি মৰ্মে মৰ্মে উপলব্ধি কৰিলে যে প্ৰকৃত বন্ধু চিনি পোৱা সঁচাই টান৷ এয়া তেওঁৰ জীৱনৰ প্ৰথম অভিজ্ঞতা৷
মানুহবোৰ ঘৰা-ঘৰি গ’ল৷ ঘৰৰ ৰখীয়া ল’ৰা সুনীলে গেটত তলা লগাই ভিতৰ সোমাল৷ বাৰাণ্ডাৰ লাইটটো বন্ধ কৰিবলৈ লওঁতে নিৰঞ্জনৰ মাকে ক’লে--‘ঐ বেটা বাতি নুনুমাবি৷ মই অকলে বহি আছোঁ দেখা নাই৷’ ব’ল নানী, উঠ ভিতৰলৈ যাওঁ’ সুনীলে ক’লে৷
নিৰঞ্জনে মাকক হাতত ধৰি ভিতৰলৈ আনি ক’লে--আলহীবোৰ গ’ল মা, তোৰ ভৰি ধুৱাই দিম ব’ল, ভৰি ধুৱাই নতুন চেণ্ডেল এযোৰ পিন্ধাই মাকলৈ বুলি সুন্দৰকৈ সজাই থোৱা কোঠাটোত থকা আৰামী চকীখনত বহুৱাই দি ক’লে--মা, এইটো কোঠা তোৰ বাবেই সাজিছোঁ৷ এইটো তোৰ শোৱনি কোঠাহে৷ গোটেই ঘৰটো তোৰেই মা, তয়ে মোৰ জীৱন্ত দেৱী৷ মোৰ আৰু বেলেগ দেৱী নাই৷ আজিৰ পৰা তই এই ঘৰটোত দেৱী হৈ থাকিবি৷ এই কথা শুনি মাক বাসন্তীয়ে হুকহুকাই কান্দিলে৷ পুতেকে মাকক সাবটি ধৰি লাহেকৈ বিছনাত শুৱাই দিলে৷ বোৱাৰীয়েক মীনাই কাপোৰখন শাহুৱেকৰ গাত দি দুখনি চৰণত ধৰি সেৱা কৰিলে৷ জীতু আৰু জীনাই কেৱল তধা লাগি চাই ৰ’ল৷ এয়া তেওঁলোকৰ বাবে আদৰ্শ হৈ মনৰ মজিয়াত বান্ধ খাই থাকিব নিশ্চয়।

যোৰহাট

অঙ্গন: পৃষ্ঠা 39
সহোদৰ

নীলাক্ষী দত্ত

"যেতিয়া হেৰাই যায় মূৰৰ ওপৰৰ আকাশ 
মূৰ তুলি ওপৰলৈ চাই দেখা পাবা মাথোঁ শূন্যতা...."
          এই মাত্ৰ মই মোৰ জীৱনৰ ঈশ্বৰ পুৰুষৰ মুখাগ্নি কৰি আহিছোঁ। যি দুখন হাতে মোক তুলি তালি ডাঙৰ-দীঘল কৰিছিল, যিজনে মোক অনুভৱ কৰিব নিদিছিল পিতৃ মাতৃৰ অভাৱ, সেইজন ব্যক্তিয়েও  জীৱনৰ শেষ সময়কণ মোৰ কোলাতেই কটালে। আশীৰ্বাদৰ হাতখন শিৰত থৈয়েই গুচি গ'ল অজান স্থানলৈ। প্ৰশান্তিৰ প্ৰচ্ছায়া মুখত জিলিকাই প্ৰাণপখী উৰাৰ সময়তো তেওঁ মোৰ নামেই উচ্চাৰণ কৰিলে।
শ্মশানৰ পৰা সকলো ঘৰাঘৰি গ'ল, মোৰ ঈশ্বৰ পুত্ৰৰ পত্নী, যি মোৰ জীৱনৰ এছোৱা সময়ৰ বিশ্বস্ত সংগী, যাক ক'ব পাৰি বেষ্ট ফ্ৰেণ্ড ৰিমিশা, হঠাতে অহা ধুমুহাজাক চম্ভালিব নোৱাৰি অচেতন অৱস্থাত।‌ কণমানি সন্তানদুটি ঋত আৰু গীত দুয়ো ঘৰলৈ এসোপা মানুহ অহাৰ আনন্দত মতলীয়া। এতিয়া ঘৰৰ ধৈৰ্য ধৰিব পৰা মানুহ কেৱল মই, মা দেউতাৰ জীউ আৰু মোৰ ঈশ্বৰ পুত্ৰৰ জিৰিমা। মা দেউতা নোহোৱা হোৱাৰ পিছত মোৰ সমস্ত দায়িত্ব মূৰত লোৱা মোৰ দাদাৰ একমাত্ৰ ভণ্টি।
          ক্ৰমে ধূসৰ  হোৱা জুইকুৰা লৈ চাই মনত পেলাইছোঁ এৰি  অহা দিনৰ  সময়। নদী উভতি নবয়, এৰি এহা সময় আকৌ ঘূৰাই নাপাওঁ, এই যে জুইকুৰাই মোৰ দাদাৰ শেষ অস্তিত্বকণো নোহোৱা কৰি থৈ গ'ল, হাজাৰ বাৰ বিচাৰিও, হাজাৰ কান্দিলেও, গোটেই পৃথিৱীৰ বিনিময়তো আৰু তেওঁক বিচাৰি নাপাওঁ। অথচ আজি দুদিন আগলৈকে কথাবোৰ একে নাছিল, কথাবোৰ সোঁৱৰণী হোৱাৰ অৱকাশেই নাছিল। নিজৰ একান্ত পৰিয়ালটো থকা পাছতো দাদাৰ ওচৰত মই কোনোদিনে অস্তিত্বহীন নাছিলো, নাছিলোঁ বৌৰ কাষতো ।
         মোৰ পৃথিৱীখন দাদাক লৈয়ে সীমাবদ্ধ আছিল। ঋত, গীতৰ দৰেই দাদাই মোক আৱৰি আছিল। চাকৰি সংক্ৰান্তত মই ঘৰৰ পৰা আঁতৰত আছিলোঁ। অথচ ৰাতিপুৱা দাদাৰ ফোনৰ শব্দত সাৰ পাইছিলোঁ। মোৰ এলেহুৱা স্বভাৱটো দাদাৰ জ্ঞাত আছিল বাবেই ঘৰত থাকিয়েই তেওঁ মোৰ সকলো কথা তদাৰক কৰিছিল। খুব মসৃণ ভাৱেই চলি আছিল আমাৰ ঘৰখন, আদৰ, স্নেহ, বুজাবুজি আৰু বিশ্বাসৰ ভেঁটিত।
        হঠাৎ জিৰিককৈ খহি পৰিছিল সুখৰ দিনৰ সময়ৰ গড়া। বৌৰ বান্ধবী এগৰাকী আহিছিল আমাৰ ঘৰলৈ। কেৱল বৌৰ নহয় তাই মোৰো বান্ধবী আছিল। স্কুল কলেজৰ দিনবোৰ আমি একেলগে কটাইছিলো। তাই আছিল নীহা । মা দেউতা জীয়াই থকা দিনবোৰত সিহঁত প্ৰায়েই আমাৰ ঘৰলৈ থাকিবলৈ আহিছিল। গোটেই ৰাতিটো আমি কথা পাতিছিলোঁ।‌ স্বভাৱতে লাজকুৰীয়া আছিল  ৰিমিশা, কিন্তু মই জানিব পাৰিছিলো দাদাৰ প্ৰতি তাইৰ বুকুত অংকুৰিত হোৱা প্ৰেমৰ কথা। মোৰ খুব ভাল লাগিছিল। মা দেউতাক কৈ বিয়াৰ কথা পাতিব খুজিছিলোঁ।
          বিয়াখন ঠিক হৈছিল। নীহা বিয়াত কাৰ ঘৰত থাকিব, সেই লৈ আমাৰ মাজত কাজিয়া হৈছিল। শেষত তাই জোৰোণৰ দিনা আমাৰ ঘৰত আৰু বিয়াৰ দিনা ৰিমিশাৰ ঘৰত থকাৰ সিদ্ধান্ত হৈছিল । আৰু জোৰোণৰ দিনাই অঘটন ঘটিছিল। আমাৰ ঘৰৰ পৰা অলপদূৰ যাওঁতেই তীব্ৰ বেগেৰে আহি থকা এখন ডাম্পাৰে আমাৰ মা, দেউতা যোৱা গাড়ীখন মহতিয়াই লৈ যায়, থিতাতে তেওঁলোকৰ লগতে আমাৰ আৰু দুজন আত্মীয়ই অকালতে মৃত্যুবৰণ কৰে।
        এই মৃত্যুৱে দাদা, মোক আৰু বৌক একেবাৰে নিঃশেষ কৰি পেলালে। কিছুমান মানুহৰ মানসিকতা ইমান বেয়া আছিল যে বৌক দোষাৰোপ কৰিবলৈ লাগি গৈছিল। খবৰ পাই  নীহা মোৰ ওচৰলৈ দৌৰি আহিছিল যদিও তাইক মই বৌৰ কাষলৈ পঠিয়াই দিছিলোঁ।
          কাজকৰ্ম হৈ যোৱাৰ পাছতে ৰিমিক বৌ কৰি লৈ আহিছিলোঁ।‌ তাই দাদাক চম্ভালি লৈছিল, কিন্তু মোক কোনেও চম্ভালিব পৰা নাছিল। মোৰ চৌপাশ অন্ধকাৰ হৈ পৰিছিল।  মা দেউতাৰ মৃত্যুৰ শোকৰ লগতে অন্য এটা আঘাত মোলৈ ৰৈ আছিল।
        দাদাক মই পোনপটীয়াকৈ সুধিব পৰা নাছিলোঁ, মই শুনা কথাটো সঁচা নে ? বৌকো সুধিব পৰা নাছিলোঁ । কিন্তু কথাটোৱে মোৰ বুকুত জুই জ্বলাইছিল। কাক কম, কাক নকম ভাবি আশ্ৰয় লৈছিলো নীহাৰ। প্ৰিয় বান্ধবী হিচাপে তাইৰ আগত নিঃসংকোচে খুলি দিছিলোঁ বুকুত গোপনে বাহ সজা ভয়টোৰ কথা।  
        মোৰ অত্যধিক মৌনতাত দাদা চিন্তিত হৈ পৰিছিল ।কথাবোৰ জানিবলৈ চেষ্টা কৰিছিল। প্ৰথমে মা দেউতাৰ মৃত্যুৰ বাবে এনে হৈছিল বুলি ভাবিছিল। কিন্তু লাহে লাহে হয়তো বুজি উঠিছিল ইয়াৰ অন্তৰালত নিশ্চয় অন্য কাহিনী আছে। শেষত নীহাৰ মুখৰ পৰা দাদাই আচল ৰহস্য উদ্ঘাটন কৰে যদিও এই বিষয়ে মই জ্ঞাত নাছিলোঁ। 
       একমাত্ৰ ভণ্টি হিচাপে দাদাৰ মই বহুত মৰমৰ আছিলোঁ, তাৰ পিছতো দায়িত্ব পালনৰ বাবে দাদাই আগতকৈও বেছি মৰম কৰিছিল। মোৰ সৰু সৰু সুখবোৰৰ খবৰ ৰাখিছিল । হঠাতে বাৰিষাৰ কলীয়া ডাৱৰৰ মাজত ভূমুকি মৰা বেলিটোৰ দৰেই ঘৰৰ পৰা তিনিশ কিল'মিটাৰ দূৰত মোৰ এখন স্কুলত নিযুক্তি হৈছিল। ঘৰৰ পৰা আঁতৰি থাকিবলৈ পাই মই ভাল পাইছিলো।
         মোৰ লগত নীহাৰো খবৰ আহিছিল। তাইৰ আমাৰ নিজৰ জিলাতে পোষ্টিং হৈছিল। মোৰো ইয়াতেই হ'ল হেঁতেন, কিন্তু মই ঘৰৰ পৰা আঁতৰিব বিচাৰি আছিলোঁ বাবেই পোষ্টিঙৰ বাবে নিৰ্দিষ্ট কৰি দিয়া তিনিওখন জিলাই দূৰত্বৰ বিচাৰি লৈছিলোঁ। ঋত, গীতৰ "পি পি" কৈ মোৰ পিছে পিছে কৰা আৱদাৰ বোৰো তলপৰি গৈছিল মোৰ স্ব-নিৰ্বাসনৰ সিদ্ধান্তত। বৌয়েতো কান্দিয়ে পেলাইছিল। মইহে সোনকালেই মিউচুৱেল ট্ৰেন্সফাৰ ল'ম বুলি দাদাহঁতক আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ।
       সেই সময়ত কোনো কথাই মোক তলাব পৰা নাছিল।‌ আচলতে মই কিজানি শিল হৈ পৰিছিলোঁ। সেই কথাষাৰ শুনাৰ আগলৈকে মই ঘৰখনৰ একছত্ৰী সাম্ৰাজ্ঞী আছিলোঁ। হঠাতে মোৰ মনলৈ আহিছিল দাদাহঁতৰ জীৱনত মই যেন অনধিকাৰ প্ৰবেশ কৰিছোঁ। দাদাৰ দায়িত্বশীলতাত মই স্বাৰ্থৰ গোন্ধ পাইছিলো। সঁচা কোনটো, মিছা কোনটো জানিবলৈ চেষ্টা কৰাৰ বিপৰীতে পলায়নৰ বাট বিচাৰি লৈছিলোঁ।  মই যেন অনাকাংক্ষিত অনুপ্ৰবেশকাৰী এনে অনুভৱে মোক একাকী জীৱনৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। আৰু মোৰ এই পৰিবৰ্তনে আটাইতকৈ বেছি কষ্ট দিছিল দাদাক। দাদাই মনেৰে মানি ল'ব পৰা নাছিল। অথচ আচল কেৰোণ ক'ত আছিল তাৰ উৱাদিহ দাদাই পোৱাই নাছিল। আৰু মোৰ এই সকলো কথা জানিছিল মাথোঁ নীহাই। অৱশ্যে বৌ আৰু ঋত, গীতৰ লগত মই আগৰ দৰেই আছিলোঁ, মাত্ৰ দাদাক সহ্য কৰিব পৰা নাছিলোঁ।
মন নগলে মই দাদাৰ ফোনো ৰিচিভ কৰা নাছিলোঁ । আকৌ একান্ত সময়ত নিজৰ লগত যুক্তি যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ। বিবেকে সঁকিয়াইছিল ভুল মোৰেই বুলি, কিন্তু মনটো যে অবুজন আৰু মোৰ এই দোমোজাৰ বাবেই আটাইতকৈ বেছি কষ্ট পাইছিল দাদাই। মৃত্যুৰ সময়ত মা দেউতাক দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰি সি মানসিক অন্তৰ্দ্বন্দত ভূগিছিল। শেষলৈ বৌয়ে তেওঁক চিকিৎসকৰ কাষলৈ লৈ গৈছিল। আৰু এই সকলোবোৰৰ মূল হোতা আছিল নীহা। তাই মোক অবাটে যোৱাৰ পথটো দেখাইছিল।
     "এই মাক দেউতাক হাল মৰাতকৈ জিৰিহে মৰিব লাগিছিল"--- প্ৰথম একো বুজি পোৱা নাছিলোঁ।‌ সন্তানৰ মৃত্যুৰ বিনিময়ত জননীৰ জীৱন, এয়া কেনে কথা কৈছিল মানুহবোৰে। অতিমাত্ৰা শোকত থকাৰ বাবে কথাটো বৰকৈ মন কৰা নাছিলোঁ। 
"ল'ৰাটোলৈহে বেয়া লাগিছে, একেবাৰে অকলশৰীয়া হৈ পৰিল," -- ভাবিছিলোঁ ময়োতো অকলশৰীয়া হ'লো, ক'তা মানুহৰ মুখত কেৱল দাদাৰ কথা। নিয়মখিনিও কেৱল দাদাকহে বুজাই আছে সকলোৱে। ক'ৰবাত কিবা এটা কথা আছে, যিটো মই জনা নাছিলোঁ। নীহাই মোক যিটো উত্তৰ আনি দিছিল আৰু মোৰ মূৰৰ আকাশখন নোহোৱা হোৱাৰ দৰেই নোহোৱা হৈছিল ভৰিৰ তলৰ মাটি। যি খামোচা মাটিক সাৱটি মই গজগজীয়া হৈ আছিলোঁ, সেই মাটি আচলতে মোৰ নাছিলেই। মোৰ নিজকে অপৰাধী যেন লাগিছিল। আৰু মই বিচাৰিছিলো পলায়নৰ পথ। মোৰ দাদাৰ ওপৰত সন্দেহ হৈছিল মা, দেউতাৰ দৰেই মোকো যদি...
          মই নীহাক বিশ্বাস কৰিছিলোঁ। সেইটোৱেই আছিল মোৰ জীৱনৰ ডাঙৰ ভুল। দাদাৰ লগত যুগ্ম জীৱনৰ সপোন দেখা নীহাই দাদা আৰু বৌৰ বিয়াখনৰ বাবে মোক দোষী কৰিছিল। আৰু সুবিধা বিচাৰি আছিল পোতক তুলিবলৈ। তাই মোক জনাইছিল দাদা মা দেউতাৰ সন্তান নাছিল আৰু সেই বাবেই কিবা প্ৰকাৰে মা দেউতাক মৃত্যুৰ পথলৈ নিয়াত দাদাৰ হাত আছিল বুলি মোক পতিয়ন নিয়াইছিল। আৰু ময়ো সেইটোকে সঁচা বুলি ভাবি লৈছিলো। পিতৃ মাতৃৰ ভূমিকা লোৱা দাদাক নীৰৱে শাস্তি দিবলৈ চেষ্টা কৰিছিলোঁ।
        উৎসৱ পাৰ্বনতো ঠাই ফুৰাৰ আচিলা লৈ মই ঘৰলৈ অহা নাছিলো। লাহে লাহে দাদাৰ মনত সন্দেহ হৈছিল। এইবাৰ নীহাই আকৌ মোক প্ৰতাৰণা কৰাৰ সুযোগ পাইছিল। তাই দাদা আৰু বৌৰ সম্বন্ধটো মই মানি ল'ব নোখোজা বুলি দাদাক জনাইছিল। আচৰিত হৈছিল দাদা, আচৰিত হৈছিল বৌ। কিন্তু নীহাই দুয়োকে পতিয়ন নিয়াইছিল। কষ্ট পাইছিল দাদাই বহুত। কথাবোৰ আলোচনা কৰাৰ প্ৰয়োজন অনুভৱ কৰিছিল। সেয়ে মোক নজনোৱাকৈ দাদা আহি মোৰ ভাৰাঘৰত উপস্থিত হৈছিল। 
       সেই সময়ত মই স্কুলত আছিলোঁ।‌ হঠাৎ দাদাক দেখা পাই দুখ, সুখৰ মিশ্ৰিত অনুভূতি জাগিছিল মনত। সঁচা কথা ক'বলৈ গ'লে দাদাক ময়ো খুব ভাল পাইছিলোঁ। কিন্তু লগত থাকিলে কেতিয়াবা সঁচা কথাবোৰ উন্মোচন হ'ব বুলিয়ে মই আঁতৰি গৈছিলোঁ, দাদাৰ ওপৰত প্ৰতিশোধ ল'বলৈ বুলি নহয়। নীহাই কোৱাৰ দৰে মই দাদাই আমাৰ সম্পত্তিৰ বাবে মা দেউতাক হত্যা কৰিছে বুলি মই মনেৰে কথাটো মানি ল'ব পৰা নাছিলোঁ।
       স্কুলৰ পৰা মোৰ ভাড়া ঘৰলৈ দূৰত্ব বেছি নাছিল। প্ৰিন্সিপাল ছাৰক কৈ ময়ো তাৰ লগতে ৰুমলৈ গৈছিলোঁ। ছাৰে মোক পুনৰ স্কুললৈ যাবলৈ কৈছিল। দাদাৰ বিধ্বস্ত ৰূপটো দেখি মোৰ খুব দুখ লাগিছিল। কিন্তু মই একো কোৱা নাছিলো। লৰালৰিকৈ তাক খাবলৈ দি পুনৰ স্কুললৈ গৈছিলো। মোৰ অকলশৰীয়া ভাড়াঘৰটোত তাৰ বাবে ৰৈ আছিল অন্য এক বিস্ময় ---
টেবুলত পৰি আছিল মোৰ ডায়েৰীখন আৰু তাত লিখা আছিল।
        মোৰ ডায়েৰী লিখাৰ অভ্যাস আছিল সৰুৰে পৰা আৰু মোৰ জীৱনৰ প্ৰথম ডায়েৰীখন সিয়েই আনি দিছিল। তাত লিপিবদ্ধ কৰা কাহিনীবোৰত নায়ক সিয়েই আছিল, লিখিছিলোঁ  মা দেউতা আৰু মোৰ সুখৰ সংসাৰখনত তাৰ অনধিকাৰ প্ৰবেশ আৰু মা দেউতাৰ হত্যাৰ আচল হোতা সিয়েই বুলি।
        সি  কথাবোৰ হজম কৰিব নোৱাৰিলে। আগৰে পৰা হাৰ্টৰ অসুখত ভূগি থকা তাৰ অৱস্থা শোচনীয় হৈ পৰিল। মই স্কুলৰ পৰা আহি তাৰ অৱস্থা দেখি লৰালৰিকৈ ডাক্তৰৰ ঘৰলৈ লৈ যাওঁ।প্ৰাথমিক চিকিৎসাৰ অন্তত অকণমান সুস্থ হৈ সি মোৰ আগত মেলি দিয়ে মোৰ জীৱনৰ অন্য এখন দুৱাৰ।যিজন লোকক মই মা দেউতা, মোৰ জীৱনৰ অনাকাংক্ষিত অনুপ্ৰবেশকাৰী বুলি ভাবিছিলোঁ, সেইজন দাদা নহয়, বৰঞ্চ মোকহে এটা ডাষ্টবিনৰ পৰা উদ্ধাৰ কৰিছিল !!
         কথাখিনি সেহাই সেহাই কৈ থাকোঁতেই উৰি গৈছিল দাদাৰ জীৱনৰ প্ৰাণপখী। দুটা দিন মৃত্যুৰ লগত যুঁজি অৱশেষত হাৰ মানিছিল আৰু মোৰ বাবে থৈ গৈছিল অপৰাধবোধৰ অশ্ৰুধাৰা।
        হঠাতে কোমল হাতৰ পৰশত ভাৱনাৰ জগতৰ পৰা উভতি আহিছিলোঁ। গীত, ঋতই মোক শ্মশানৰ পৰা লৈ যাবলৈ আহিছে। লগত সেই জনী নীহা।
       মোৰ, দাদাৰ জীৱনটো নিঃশেষ কৰা নীহাক দেখি মোৰ তেজ উতলি আহিছিল। কিন্তু সম্বৰণ কৰিছিলো নিজক আৰু চিতাৰ জুইক সাক্ষী কৰি তাইক সুধিছিলো , সঁচা কথাবোৰ তাই জানিছিল নে ? নে মোক মিছা কথাৰে আভূৱা ভাৰিছিল ? 
      দাদাৰ প্ৰতি থকা তাইৰ প্ৰেম বিফল হোৱাৰ বাবেই তাই আমাৰ ঘৰখন ধ্বংস কৰাৰ পৰিকল্পনা কৰিছিল, আৰু হয়তো সফলো হৈছিল, কিন্তু দাদাৰ মৃত্যুৱে তাইৰ চকুৰ পৰ্দা আঁতৰাই দিছিল।
মই মাত্ৰ তাইক আঁতৰি যাবলৈ কৈছিলোঁ। অনুশোচনাৰ জুইকুৰাৰ তাপ চিতাৰ জুইকুৰাতকৈও বেছি আছিল।
দাদাক ক'বলৈ মাথোঁ এষাৰ কথাই আছিল, "একে মাতৃৰ সন্তান নহ'লেও আমি সহোদৰ আছিলোঁ দাদা।"

ঠিকনা:
শান্তিপুৰ, শিৱসাগৰ 
ফোন নং 7002577635

অঙ্গন: পৃষ্ঠা 40
শেষ পৃষ্ঠাৰ লেখাঃ
সমৰ্থক আৰু অন্ধ সমৰ্থক

      ৰাজনীতিৰ প্ৰেক্ষাপটত ৰাজনৈতিক দল সমূহৰ সমৰ্থন কৰি তেওঁলোকৰ নেতা সকলক জয়ৰ মালা পিন্ধোৱাৰ ক্ষেত্ৰত দলীয় সমৰ্থনকাৰী সকলৰ অৰিহণা অপাৰ। এই সমৰ্থনকাৰী সকলক বাদ দি বা আওকাণ কৰি কোনো ৰাজনৈতিক দলেই ৰাজনীতিত সফল হ'ব নোৱাৰে। গতিকে ৰাজনৈতিক দল সমূহে তেওঁলোকৰ সমৰ্থনকাৰী সকলক বিশেষ গুৰুত্ব দিয়া দেখা যায়। বহু ক্ষেত্ৰত এই সমৰ্থনকাৰী সকলেই MLA ক পথ প্ৰদৰ্শন কৰাও দেখিবলৈ পোৱা যায়। সকলোতে নহ'লেও ঠাইবিশেষে ই বিশেষ মৰ্য্যদা লাভ কৰে। চৰকাৰী সা-সুবিধা প্ৰদান, অনুদান আগবঢ়োৱা, আঁচনি সুবিধা প্ৰদান আদিৰ ক্ষেত্ৰত দলীয় সমৰ্থনকাৰীৰ পথ প্ৰদৰ্শন উল্লেখনীয়। কেৱল সেয়ে নহয় দলৰ নীতি নিৰ্ধাৰণ, প্ৰাৰ্থী নিৰ্বাচন, ভুল-শুদ্ধৰ দিশ দৰ্শন, প্ৰশংসা-সমালোচনা আদিৰ ক্ষেত্ৰতো সমৰ্থনকাৰীৰ উল্লেখযোগ্য ভূমিকা থাকে। মুঠৰ ওপৰত সমৰ্থনকাৰীৰ অবিহনে ৰাজনৈতিক দলৰ গাড়ী চলিব নোৱাৰে।
           কিন্তু এই ৰাজনৈতিক দলৰ সমৰ্থনকাৰী সকলক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা সমৰ্থক আৰু আনটো অন্ধসমৰ্থক। ইয়াত সমৰ্থক হোৱালৈকে সকলো ঠিকে থাকে। কিন্তু যেতিয়াই সমৰ্থক অন্ধসমৰ্থক হয় বিপদ হয় তাতে। কাৰণ অন্ধসমৰ্থকে কেৱল সমৰ্থন কৰে। তেওঁলোকে ভুল-শুদ্ধ বিচাৰ কৰিব নোৱাৰে। তেওঁলোক সমৰ্থনত ইমান বেয়াকৈ প্ৰভাৱিত হয় যে সেই দলটোৰ ভুল তেওঁলোকৰ চকুত নপৰে। কেৱল সেয়ে নহয় এই অন্ধসমৰ্থক সকলে দলীয় সমৰ্থনত বিপক্ষৰ সমৰ্থনকাৰীক অনিষ্ট কৰিবলৈও কুণ্ঠাবোধ নকৰে। ফলত তেওঁলোকৰ বাবেই বহু সময়ত ৰাজনৈতিক দল সমূহে বাতৰিৰ শিৰোনামা দখল কৰাও পৰিলক্ষিত হয়। 
          এতিয়া কথা হ'ল আমি সমৰ্থনকাৰী হোৱা ভাল নে অন্ধসমৰ্থক ! অন্ধ ভাৱে এটা দলক সমৰ্থন কৰি ভুলে-শুদ্ধই তেওঁলোকৰ প্ৰতিটো কামত হয় হয় বুলি বা অন্ধ ভাৱে ককা-আজুককাৰ দিনৰ সমৰ্থক বুলি সমৰ্থন কৰি যোৱাতকৈ যদি আমি দলৰ হিতৰ বাবে সময়ে সময়ে দলীয় নেতৃত্বক তেওঁলোকৰ নীতি-নিয়ম আৰু কৰ্মৰাজিক প্ৰশংসা বা সমালোচনা কৰি থাকোঁ তেন্তে ই নিশ্চয় দলৰ লগতে জনসাধাৰণৰ বাবেও মংগলময় হ'ব। 
             কিন্তু সাম্প্ৰতিক সময়ত শুভাকাংক্ষী সমৰ্থনকাৰীতকৈ অন্ধসমৰ্থকৰ সংখ্যা অধিক। গতিকে ৰাজনৈতিক দল সমূহে বিনাদ্বিধাই যিকোনো আঁচনি বা নিয়মৰ লগতে দলৰ নেতৃত্বই নিজৰ ইচ্ছানুসৰি প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ কুণ্ঠাবোধ নকৰে। সফল বহু ক্ষেত্ৰত আকাংক্ষিত ফল লাভ কৰিব নোৱাৰে। কাৰণ অন্ধসমৰ্থক সকলৰ দৰে সমৰ্থনকাৰী সকলে দলৰ সকলো নীতিক চকু মুদি গ্ৰহণ নকৰে। গতিকে আমি যিকোনো এটা দলৰ অন্ধসমৰ্থক হোৱাতকৈ সমৰ্থক হোৱা ভাল। যাৰ ফলত দলৰ লগতে জনসাধাৰণৰো মংগলহোৱাৰ অৱকাশ থাকে।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
(6000709096)

অঙ্গন:  পৃষ্ঠাঃ 41

Post a Comment

0 Comments