তৰ্জমাত প্ৰকাশিত তিনিটি অনুবাদ কবিতা

1/  কবিতাৰ আৱশ্যকতা 

মূল হিন্দী:- কেদাৰনাথ আগৰৱাল
অনুবাদ:- মঞ্জিত হাজৰিকা 

আন্ধাৰ ফালি
       ৰাতিক ঢাকি পেলোৱা কামেই নহয়
অথচ
     সৃষ্টিৰ সৰ্ব্বচ্চ
          ৰ'দৰ স্বচ্ছ আইনাত 
          উদঙাই দিয়া কামো
                          সূৰ্যই কৰে
আৰু এনেকৈয়ে 
          সক্ষম আৰু সাহসী সূৰ্যক
      ---তাৰ তাপ-প্ৰভাৱ আৰু জ্যোতিৰ লগত
         শব্দৰে প্ৰতিফলিত কৰাৰ কাম
                                কবিতাই কৰে
যি মানুহৰ দ্বাৰা সৃষ্টি
          তাৰেই সঠিক পৰিচয় আছে
আৰু তাৰেই
          সংলগ্নতা আৰু সংপৃক্ততাৰ 
          গুহাৰ্থৰ মৌলিক ব্যাখ্যা কৰা হয়,
স্থান আৰু কালও য'ত বৈ থাকে ----
মানুহৰ নিয়ন্ত্ৰণত 
          দৃঢ়তাৰে প্ৰবাহিত হৈ থাকে।
সেইবাবেই 
        মানুহক কবিতাৰ প্ৰয়োজন 
        আৰু কবিতাক মানুহৰ প্ৰয়োজন।


2/ চিনাকী

মূল: স্নেহময়ী চৌধৰী 
অনুবাদ: মঞ্জিত হাজৰিকা 

তেওঁ বিপ্লৱৰ পোছাক নিপিন্ধে
নজ্বলে বিপ্লৱৰ অগ্নিশিখাত 
না কাৰোবাৰ ভাঙি পেলাব
না নিজেই ভাগি পৰিব
তেন্তে তেওঁ কি কৰিব ?

না তেওঁ জ্বলি থকা আঙঠা হ'ব 
না নুমাই যোৱা ছাই 
না পখীৰ দৰে / উৰি ফুৰাৰ কামনা কৰিব
না উট্‌ পখীৰ দৰে/ এটা চুকৰ সন্ধান 
না থিয় হৈ থাকিব/ না পলাব
না সংগঠনৰ আহ্বান কৰিব
না অৱজ্ঞা কৰিব
কিয়নো এইবিলাক তেওঁ কৰিব নোৱাৰে ?
তেওঁৰ নিজৰ শক্তি আৰু সীমা
দুয়োটাৰেই চিনাকী আছে 
তেওঁ এটা জীৱন জীয়াব
যি পুৱাৰ দৰে সতেজ হ'ব 
কিন্তু তাৰ সময়তো শেষ হৈ গ'ল 
তেন্তে দুপৰীয়াৰ/ সূৰ্যৰ দৰে জিলিকি থাকিব
সিওতো ঢলিপৰিল
ঠিক আছে তেন্তে ঢৰি পৰা/সূৰ্যৰ লগে লগে ঢলিব সন্ধ্যা হোৱালৈ

3/অন্ধ অৱস্থা 

মূল হিন্দী: ৰবীন্দ্ৰনাথ ত্যাগী
অনুবাদ: মঞ্জিত হাজৰিকা 

তেওঁ ড্ৰয়িং ৰুমলৈ নাহিল
তেওঁৰ চিক্‌মিকাই থকা জোতাযোৰ আহিল,
তেওঁ যেতিয়া কৰমৰ্দন কৰিলে
সাক্ষাৎকাৰ এটা কাহিনী হৈ পৰিল,

তেওঁ যেতিয়া চৌফাত বহিল
তেতিয়া তেওঁৰ ঠাইত এযোৰ সুন্দৰ পোচাক তাত বহি পৰিল ;
কফনে কফিৰ কাপ দাঙি ল'লে 
টাই আৰু কলাৰে জলপান খালে

তেওঁৰ ওঁঠে একেবাৰেই এহাঁহিলে
মাত্ৰ তেওঁৰ চিগাৰেট জিলিকিলে

বিদায় পৰত ৰুমালখন লৰি থাকিল
তেওঁ বাৰাণ্ডাৰ পৰা বাহিৰলৈ নোলাল
তেওঁৰ গাড়ীখন ওলাল।।

ঠিকনা:- 
ৰজাবাৰী গাঁও 
উজনি ৰজাবাৰী 
যোৰহাট (অসম)
785635
মোবাইল নং 6000709096


Post a Comment

0 Comments