অঙ্গনঃ সপ্তম বৰ্ষঃ ২ নং সংখ্যা



১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
96786968616000709096/ 9127564124.

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 মাৰ্চ 2026.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 5
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 7
👉প্ৰবন্ধ : পৃষ্ঠা-- 8-10
👉ধাৰাবাহিক: পৃষ্ঠা--11
👉অণুগল্প: পৃষ্ঠা: 12--14
👉অনুবাদ সাহিত্য : পৃষ্ঠা:15-16
👉কবিতা: পৃষ্ঠা--17-36
👉গল্প: পৃষ্ঠা--37-39
👉শেষ পৃষ্ঠাৰ  প্ৰৱন্ধ : পৃষ্ঠা-- 40

অঙ্গন: পৃষ্ঠাঃ 6
অঙ্গন
(মাহেকীয়া ই আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ

সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা

উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া

ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ

বেটুপাতৰ শিল্পীঃ
সংযুক্তা গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

অঙ্গন: পৃষ্ঠাঃ 7
সম্পাদকীয়ঃ

কোন দিশে ধাৱমান আমি

অলপতে ধেমাজি জিলাৰ এটি পৰীক্ষা কেন্দ্ৰত সংঘটিত হোৱা ঘটনাই জোঁকাৰি গৈছে অসমৰ সচেতন মহলক। ছাত্ৰী গৰাকীয়ে নকল কৰিলে। দায়িত্বত থকা পৰীক্ষকে বহীখনত ৱাৰ্ণিং বুলি লিখিলে। ইয়াতেই উত্তেজিত একাংশই অধ্যাপকজনক প্ৰহাৰ কৰিলে। তেনেতে ছাত্ৰীগৰাকী গাড়ীৰ সন্মুখত পৰি আত্মহত্যাৰ চেষ্ঠা চলালে। ইয়াতেই একাংশ অধিক উত্তেজিত হৈ পৰিল। অধ্যাপকজনৰ ওপৰত চলিল অমানসিক অত্যাচাৰ। তেখেতে পথাৰে পথাৰে অকলে দৌৰি নিজৰ প্ৰাণ ৰক্ষা কৰিব লগীয়া হ'ল।

ঘটনাটো কিছু গভীৰভাৱে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ই আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ বাবেই এক ভাবুকিস্বৰূপ নহয়নে? একাংশ লোকৰ মনোভাৱনা এয়া যে কিয় পৰীক্ষকে নকল ধৰিব লাগে। নকলত ধৰা নপৰাহেঁতেন তাই এনেদৰে আত্মহননৰ পথ নল'লেহেঁতেন! যদি এয়াই হয় তেন্তে কিদৰে নিৰূপণ হ'ব ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ অগ্ৰগতি? এনে মানসিকতাই এদিন আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰতেই প্ৰভাৱ নেপেলাবনে? প্ৰকৃততে কোন দিশে গতি কৰিছে আমাৰ শিক্ষা ব্যৱস্থা? এনেবোৰ বিষয় অসমৰ শিক্ষা বিভাগে গভীৰভাৱে পৰ্যালোচনা কৰিছেনে?

আন এটি বিষয় হৈছে আমাৰ চৰকাৰখনৰ। চৰকাৰৰ বৰ্তমানৰ ঋণৰ বোজা হৈছে প্ৰায় ২ লাখ ১০ হেজাৰ কোটি টকা। পূৰ্বৰ কোনো এখন চৰকাৰৰেই ঋণৰ বোজা ইমান বেছি নাছিল। ইতিমধ্যে আইন, সংবিধান, কেগৰ প্ৰতিবেদন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিচিনা সংস্থাবোৰে বাৰে বাৰে অসম চৰকাৰলৈ সতৰ্কবাণী প্ৰেৰণ কৰাৰ পাছতো চৰকাৰে এই লৈ কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। মূল কথাটো হৈছে, ৰাজ্যখনলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পূঁজিৰ পৰিমাণ হ্ৰাস পাইছে। ইয়াৰ ফলতেই হয়তো চৰকাৰে এইদৰে ঋণৰ বোজা ল'বলগীয়া হৈছে। কিন্তু চিন্তনীয় বিষয়টো হৈছে যে এই ঋণৰ সৰহভাগেই কোনো ধৰণৰ উৎপাদনশীল কাৰ্যত খৰচ কৰা হোৱা নাই। মূল বিষয়টো হৈছে, এই বৃহৎ পৰিমাণৰ ধনৰাশি যদি পৰিকল্পিতভাবে আৰু উৎপাদনশীল কামত খৰচ নহয় তেন্তে এই বোজাই এদিন অসমৰ অগ্ৰগতিত বাধাৰ সৃষ্টি নকৰিবনে? অসমৰ কৃষিখণ্ডকে আদি কৰি ঔদ্যোগিক ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰত, শিক্ষাখণ্ড, স্বাস্থ্যসেৱা আদি গুৰুত্বপূৰ্ণ বিষয়সমূহত যদি এই ধনৰ সঠিক প্ৰয়োগ হ'লহেঁতেন, ই নিশ্চয় ৰাজ্যখনৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিত অৰিহণা যোগালেহেঁতেন। ইয়াৰ পৰিৱৰ্তে চৰকাৰৰ নেতৃত্বতেই অসমত লাখ লাখ হিতাধিকাৰীৰ জন্ম হ'ল। লাহে লাহে বহি:ৰাজ্যত আমাৰ পৰিচয় হ'ল 'অসম হিতাধিকাৰীৰ ৰাজ্য'।

কথাবোৰ আমি সময় থাকোঁতেই ভাবিবৰ হ'ল। চৰকাৰখনকে আদি কৰি সাধাৰণ জনতাইয়ো এইবোৰ দিশত গুৰুত্ব দিবৰ হ'ল। ভাবি চাবৰ হ'ল, কোন দিশে গতি কৰিছো আমি! অন্যথা আমি আমাৰ পিছৰ প্ৰজন্মৰ বাবে এখন বিধ্বস্ত ৰাজ্য এৰি থৈ যাব লাগিব।


হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 8
প্ৰৱন্ধঃ

ব্যস্ততা, সময় আৰু আত্মকেন্দ্ৰিক

ঝৰ্ণালী শৰ্মা বৰকটকী

ব্যস্ততাৰ অজুহাততে সময়বোৰ পাৰ হৈ গৈ আছে। সলনি হৈ গৈ আছে আমাৰ মন। আমি পাহৰি গৈছোঁ আমাৰ অতীত কেৱল মাত্ৰ জীয়াই আছোঁ বৰ্তমানকলৈ।আমি এতিয়া ব্যস্ত পৃথিৱীৰ আৰু ব্যস্ত নাগৰিক।
বিশ্বায়নৰ যুগে আমাৰ সকলো সলনি কৰিলে। সলনি কৰিলে আমাৰ সম্বোন্ধনবোৰ মা-দেউতাৰ সলনি ম'ম-ডেড হ'ল, খুৰা-খুৰী, মাহী-মহা আদিক কৰা সম্বোন্ধনবোৰ আন্টি-আঙ্কল হ'ল। তদুপৰি আমাৰ সংস্কৃতিৰ ক্ষেত্ৰখনতো বিশ্বায়নৰ প্ৰভাৱ পৰিলে। বিশ্বায়নে দিনে দিনে আমাক যেন এটা যন্ত্ৰত পৰিণত কৰি গৈ আছে। পুৱাৰে পৰা ৰাতিলৈকে মাথোঁ ব্যস্ত। ভালদৰে কাৰোবাৰ লগত কথা এষাৰ পাতিবলৈ সময় নাই, ভাল কিতাপ এখন পঢ়িবলৈ সময় নাই। তদুপৰি নিজৰ বৃদ্ধ পিতৃ-মাতৃৰ শুশ্ৰূষা কৰিবলৈও সময় নাই। জীৱনৰ বিয়লি বেলাত ঘৰ পৰিয়ালৰ পৰা আঁতৰাই পঠিয়াই দিছোঁ বৃদ্ধাশ্ৰমলৈ।কেনে কৰুণ হ'ব পাৰে এই কথা। যি পিতৃ-মাতৃৰ বাবেই এই পৃথিৱীৰ পোহৰ দেখিবলৈ সৌভাগ্য হ'ল এতিয়া তেওঁলোকৰে ঠিকনা হ'ল বৃদ্ধাশ্ৰম। এনেকুৱা বাৰু আমাৰ ককা-আইতাৰ দিনত হৈছিলনে ? প্ৰকৃততে আমাৰ সময় সঁচাকৈয়ে নাই নে ? ব্যস্ততাৰ অজুহাতত আমি আত্মকেন্দ্ৰিক হৈ গৈ আছোঁ। কেৱল মাথোঁ নিজৰ সংসাৰ ঘৰ পৰিয়ালক লৈহে ব্যস্ত হৈ পৰিছোঁ। ব্যস্ততা আৰু সময়ৰ চিন্তাক লৈ হেৰক্লিটাছে এক মত পোষণ কৰিছিল। তেওঁৰ মতে সময় সম্পূৰ্ণ বাস্তৱ বুলি ধৰি লৈছিল ৷ আৰু বৰ্তমানটোয়েই হ’ল বাস্তৱ, য’ত আমি জীয়াই থাকোঁ৷ বাকী অতীত বা ভৱিষ্যত হ’ল আমাৰ একো একোটা ধাৰণাহে৷

সময়ক লৈ যি অভাৱৰ সৃষ্টি হৈছে এই অভাৱ আমি নিজেই সৃষ্টি কৰিছোঁ।
আজিৰ ল'ৰা ছোৱালীয়ে মুকলি আকাশৰ তলত খেলিবলৈ সময় নাই। সময় নাই গ্ৰীষ্মকালীন বন্ধ উপভোগ কৰিবলৈ। তাহানিৰ লুকা-ভাকু, চোৰ-পুলিছ, দৰা-কইনা, অলংদলং আদি খেলবোৰ আজিৰ ল'ৰা ছোৱালীয়ে চিনি নেপায়। সময় আৰু পৰিস্থিতিৰ দাস হৈ তেওঁলোকো নামি পৰিছে শিক্ষাৰ প্ৰতিযোগিতামূলক বজাৰখনত। এই প্ৰতিযোগিতাৰ পৰা সাৰি যোৱা নাই কণ কণ শিশু সকলো। তেওঁলোকৰ সৰল মনবোৰে এতিয়া বাস্তৱক স্বীকাৰ কৰি ব্যস্ত হৈ পৰিছে ম'বাইল ফ'ন, লেপটপ, টিভি আদিত। কণ কণ শিশু সকলৰ জীৱন এতিয়া টাবত ফুলি থকা একোজোপা ফুল গছৰ নিচিনা হ'ল। এই ক্ষেত্ৰত দায়ী কোন ?

আমাৰ সময় নাই তেওঁলোকক বংশ পৰিয়ালৰ ঘৰলৈ লৈ যাবলৈ, সময় নাই মুকলি আকাশৰ তলত সাধুকথা শুনাবলৈ। সময় নাই কাষতে থকা ওচৰ চুবুৰীয়াক মাত এষাৰ দিবলৈ, সময় নাই বৃদ্ধ পিতৃ-মাতৃৰ কাষত বহি দুই এষাৰ মৰমৰ মাত মাতিবলৈ। কিন্তু দিনৰ দিনটো সময় আছে ফে'ছবুক, হোটছএপ, ইনষ্টাগ্ৰাম আদিত ঘন্টাৰ পিছত ঘন্টা নিমজ্জিত হৈ থাকিবলৈ । এয়া ব্যস্ততাৰ অজুহাতত দেখুওৱা সময়ৰ অভাৱ নহয়নে ? 

কিন্তু এই সামাজিক মাধ্যমৰ কিছু ভাল দিশো আছে । তথাপিও আমি এটা কথা স্বীকাৰ কৰিব লাগিব যে এই সামাজিক মাধ্যমত ব্যস্ত থকাৰ ফলত দিনে দিনে আমি আমাৰ সম্পৰ্কবোৰ হেৰুৱাই আহিছোঁ তাৰ লগে লগে আমি সামাজিক হ'বলৈ পাহৰি গৈছোঁ। এয়াও হ'ল এক প্ৰযুক্তিবিদ্যাৰ চমৎকাৰ।
তদুপৰি বাণিজ্যিক প্ৰতিযোগিত বজাৰখনতো আমি সোমাই পৰিছোঁ যাৰ বাবে জীৱন ধাৰণৰ প্ৰয়োজনীয় অপ্ৰয়োজনীয় আহিলাবোৰৰ পয়োভৰ ঘটিছে, ফলস্বৰূপে আত্মকেন্দ্ৰিক পৃথিৱীখনত আমি হেৰাই গৈ আছোঁ। ব্যস্ততা, সময় আৰু আজিৰ এই আত্মকেন্দ্ৰিক পৃথিৱীখনত আমি হয়তো অজানিতে এক এনেকুৱা ভবিষ্যতৰ ফালে আগবাঢ়ি গৈ আছোঁ য’ত কিছুমান অনুভূতিৰ স্থান চিৰ কালৰ বাবে হেৰাই যাব৷ হেৰাই যাব শিশু সকলৰ শৈশৱ শৰতৰ শেৱালি বুটলা,
পথাৰৰ বোকা মাটিৰ আলসুৱা গোন্ধ লোৱা। শৈশৱৰ খেল-ধেমালিবোৰ।থাকিব মাথোঁ কেৱল প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজত সোমাই থকা যান্ত্ৰিক জীৱন এটা।

ঠিকনা:
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফ'ন নং-৯১০১৮৬০৩৫৯.

অঙ্গন: পৃষ্ঠাঃ 9
জুবিন: জীৱন জুৰোৱা গান 
 
আকাংক্ষা বৰা
                 
গান, ছবিৰ বৰ্ণিল সৃষ্টিৰাজিৰে আই অসমীৰ বুকু মহীয়ান কৰি অজান দেশলৈ গুচি গ’ল লক্ষ লক্ষ অনুৰাগীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ৷ অৱসান হ’ল এটা যুগৰ৷ অসমীয়া সংস্কৃতি জগতৰ যুগদ্ৰষ্টা, অমৃত সন্তান যি বুলিয়েই অভিধা নিদিয়ক কিয় সেয়া যেন নগণ্য! 

পিতৃ মোহিনী মোহন বৰঠাকুৰৰ ঔৰসত আৰু মাতৃ ইলি বৰঠাকুৰৰ গৰ্ভত জন্ম হৈ অসমৰ সংগীত জগত আলোকময় কৰি তোলা খ্যাতিশীৰ্ষ কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ, কবি, চলচ্চিত্ৰ অভিনেতা গৰাকীয়ে অম্লান প্ৰতিভাৰে ৪০ টা ভাষাত ৩৮ হেজাৰৰো অধিক গীত গাই সাংস্কৃতিক জগতলৈ অনবদ্য বৰঙণি আগবঢ়াই গৈছে৷ প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নাম অনুসৰি তেখেতৰ নাম ৰখা হৈছিল 'জুবিন'৷ প্ৰথমতে তেখেতৰ নাম জুবিন বৰঠাকুৰ আছিল যদিও পিচলৈ গোত্ৰৰ নামটো তেখেতে উপাধি হিচাপে ব্যৱহাৰ কৰি জুবিন গাৰ্গ হয় আৰু এই পৰিচয়েৰে তেখেতে সৃষ্টি কৰি যায় অম্লান কীৰ্তিসৌধ৷

নিজস্ব সৃষ্টিৰাজিৰে নব্বৈৰ দশকত প্ৰথম এলবাম “অনামিকা” মুক্তি হোৱাৰ পৰা মৃত্যুপৰ্য্যন্ত আধুনিক অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ নিৰৱচ্ছিন্নভাৱে বৰ্ণিল অৱদান আগবঢ়োৱা বিস্ময়কৰ প্ৰতিভা জুবিন গাৰ্গৰ কণ্ঠৰ সন্মোহনী শক্তি, সুৰৰ মায়াজাল তথা তেখেতৰ ব্যক্তিত্ব, সামাজিক দায়বদ্ধতা প্ৰত্যেকজন অসমীয়াৰ বুকুৱে বুকুৱে শিপাই আছে৷

প্ৰাৰম্ভিক স্তৰৰ তেখেতৰ অধিকাংশ গীততে ফুটি উঠিছে প্ৰেমানুভূতিৰ কোমল আৱেশ৷ তেখেতৰ নিজস্ব সৃষ্ট গীতসমূহত নিঃসংগতা, বিষণ্ণতা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ অনুভৱবোৰক বলিষ্ঠৰূপত প্ৰতিফলিত কৰা দেখা যায়৷ ৰোমাণ্টিক অথচ সাৱলীল ভাব, উৎকৃষ্ট শব্দবিন্যাস তেখেতৰ প্ৰায়বোৰ গীতৰ ভূষণ৷ কেতিয়াবা তেখেতৰ গীতত যদি প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত প্ৰেমৰ সন্ধান বিচাৰি 'কঁকাল খামুচীয়া গাল গুলপীয়া/ তুমি কোন সৰগৰ পৰী...' ৰ দৰে গান লিখিছে কেতিয়াবা আকৌ সোণৰ অসম গঢ়াৰ আহ্বান গীতৰ মাজেৰেই প্ৰকাশ কৰিছে৷ কোনো কোনো গীতত আপোনমনে প্ৰকাশিত হৈছে কেতবোৰ সাৰ্থক চিত্ৰকল্প- ‘সোণসৰা সপোনৰ পাৰ ভাঙি/অসীমলৈ’ আহিলা তুমি আজি/ কত যে দুখৰ ধুমুহা/ পাৰ হৈ আহি আহি/ সেউজীয়া এটি ছবি/ মনৰে মাজতে আঁকি/ৰৈ আছো অনামিকা৷'

জুবিন গাৰ্গৰ গীতত কেৱল যে প্ৰেম ভালপোৱাৰ কথাই প্ৰকাশ পায় তেনেকুৱা নহয়৷ বিভিন্ন সময়ত সন্ত্ৰাসবাদে সৃষ্টি কৰা অসমৰ অৰাজক পৰিস্থিতিক লৈ নিজৰ ক্ষোভৰ বহিঃপ্ৰকাশ কৰিছিল এনে কিছুমান গীতৰ জৰিয়তে—
' শান্তি দিয়া/মুক্তি দিয়া/সোণৰ অসম ৰচিবলৈ/সেউজ দিয়া/শস্য দিয়া/ চিৰকাল ফুলিবলৈ...'

ঠিক তেনেদৰে আন এটা গীতত কলম নিগৰাইছিল এনেদৰে- 'বুঢ়ী আইৰ জুহালতে চকুলো শুকাই/ দেউতাৰো একে দশা পদূলিলে চাই/বহুদিন হ’ল সৰু বোপাৰ মুখ দেখা নাই/ চেনেহীৰ আকাশত আজি জোন তৰা নাই/হালৰে গৰু গোহালিতে পথাৰ শুকায়/ৰাতি হ’লে গুলীৰ শব্দ ৰজনজনাই৷' 

গীতৰ মাজেৰে বিভিন্ন বিষয়লৈ তেখেতে ক্ষোভ উজাৰিছে, প্ৰতিবাদ কৰিছে যদিও কিছুমান গীতত ভৱিষ্যতৰ আশা-আকাংক্ষা, প্ৰকাশ কৰি লিখিছে- 'জগত পোহৰ কৰি আহিব প্লাৱন/আঁতৰাব অমানিশা বধিব ৰাৱণ/নিকা হ’ব সমাজ/ শেষ হ’ব এই পাপ/ ফুলি ৰ’ব প্ৰেম শতদল...'

ৰজাঘৰীয়াৰ প্ৰতি মুকলি বিদ্ৰোহ ঘোষণা কৰিবলৈ তেখেতে কুণ্ঠাবোধ কৰা নাই, পোনপটীয়াকৈ কৈছে- 'বিবেক আৰু প্ৰাণ/ তাতকৈ গুলীৰ দাম/ মানুহতকৈ কুকুৰে পায় মৰম আৰু মান/ চৰকাৰৰে গান/ মিছা কথাৰ বান/ গঢ়িব নতুন অসম/ দিব পৰিত্ৰাণ...'

' পলিটিক্স নকৰিবা বন্ধু...' শীৰ্ষক গীতটোৰ কথাৰ লগতে অন্যতম আকৰ্ষণ Rhythm section টো৷ সুৰ খুব সৰল, সকলো মানুহেই গুণ গুণাব পৰা বিধৰ৷ এই গীতটোত মন্ত্ৰী, বিধায়কক পাপৰৰ লগত তুলনা কৰি সাধাৰণ খাটি খোৱা জনতাৰ লগত পলিটিক্স নকৰিবলৈ ব্যংগাত্মক প্ৰকাশভংগীৰে সকীয়নি প্ৰদান কৰিছে৷

তেখেতৰ গীতৰ আটাইতকৈ শক্তিশালী উপাদানটো হৈছে সুৰ৷ গীত এটা কেৱল কথাৰ জোৰত কেতিয়াও জনপ্ৰিয় হ’ব নোৱাৰে যদিহে গীতটোৰ সুৰ আকৰ্ষণীয় নহয়৷ তেখেতৰ গীতসমূহত গায়নশৈলীৰ লগতে গীতৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি অপূৰ্ব সুৰ সংযোজন কৰিব পৰা ক্ষমতা অনন্য। জুবিন গাৰ্গ যিহেতু সকলো বাদ্যযন্ত্ৰতে সিদ্ধহস্ত আছিল, যাৰ বাবে নিজা সৃষ্টিত বাদ্যযন্ত্ৰৰ ব্যৱহাৰে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল৷

ঠিক তেনেদৰে তেখেত এনে এজন দক্ষ সুৰকাৰ আছিল যাৰ সুৰতেই কবিতা এটায়ো গীতলৈ প্ৰাণ পাই উঠিছিল৷ তেখেতৰ “কাঞ্চনজংঘা” বোলছবিখনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 'কাঞ্চনজংঘা' শীৰ্ষক কবিতাটো খুব সুন্দৰকৈ সজাইছিল। সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ কেইবাটাও জনপ্ৰিয় কবিতাক গীতলৈ ৰূপান্তৰিত কৰি অনন্য মাত্ৰা প্ৰদান কৰিছিল৷ এই ক্ষেত্ৰত 'এন্ধাৰে এন্ধাৰে', 'বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে' ইত্যাদি উল্লেখযোগ্য৷

জুবিন গাৰ্গৰ সুৰত লোকসংগীতৰ পৰা পশ্চিমীয়া সংগীতৰ প্ৰভাৱ বিদ্যমান৷ 'ভবা কথা নহয় সিদ্ধি/বাটত আছে কণা বিধি' গীতৰ সুৰত গোৱালপৰীয়া লোকগীতৰ প্ৰভাৱ দেখা যায়৷

অন্যহাতে ' অমানিশা সাৰে আছে' আদিৰ দৰে গীতৰ সুৰত পশ্চিমীয়া সুৰৰ প্ৰভাৱ প্ৰতিফলিত হৈছে৷

সংগীত পৰিচালক হিচাপেও অসমীয়া আৰু বাংলা ছবিজগতত তেখেতৰ এক সুকীয়া পৰিচয় আছিল৷ যশস্বী পৰিচালক প্ৰয়াত মুনীন বৰুৱা দেৱৰ “হিয়া দিয়া নিয়া” (২০০০) ছবিখনৰ যোগেদি আত্মপ্ৰকাশ কৰা জুবিন গাৰ্গৰ সংগীতে অসমীয়া ছবিৰ বাণিজ্যিক দিশটোক বহুখিনি সহায় কৰিছিল৷ 

কেৱল অসমীয়া বা বাংলা ছবিজগততে নহয় বলিউডতো এগৰাকী যশস্বী কণ্ঠশিল্পীৰূপে প্ৰখ্যাত জুবিন গাৰ্গে যাদুকৰী কণ্ঠৰে জয় কৰিছিল সমগ্ৰ দেশৰ সংগীতপ্ৰেমীৰ হৃদয়। “গেংষ্টাৰ”, “ফিজা” , “কাঁটে”, “ গুড বয় বেড বয়" "মুড্ডা" আদিৰ দৰে ছবিত জুবিন গাৰ্গৰ কণ্ঠ আৰু সংগীতৰ অপূৰ্ব নিদৰ্শন পোৱা যায়৷ "গেংষ্টাৰ" বোলছবিৰ 'য়া আলি'... গীতটোৰ জৰিয়তে তেখেতে দেশৰ বাহিৰতো বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ সুৰকাৰ-গীতিকাৰ, গায়ক, অভিনেতা, সংগীত পৰিচালক হিচাপে খ্যাতি লাভ কৰাৰ উপৰিও তেখেতে সুৰীয়া বাক-ছন্দৰে কবিতাৰ পথাৰখনতো অনন্য প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি গৈছে। ২০০৮ চনত তেখেতে “শব্দ অনুভূতি” নামৰ কাব্য সংকলনখন মাতৃ ইলি বৰঠাকুৰ, ভগ্নী জংকী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত পাত্ৰৰ স্মৃতিত উচৰ্গা কৰিছিল৷ তেখেতৰ কবিতাত প্ৰকাশ পাইছিল প্ৰকৃতিৰ মোহনীয় ৰূপ, বিপ্লৱ তথা মনৰ দোমোজাৰ কথা৷ তেখেতৰ ' Water' শীৰ্ষক কবিতাত প্ৰকাশ পাইছিল নদী আৰু সাগৰৰ কথা৷ তেখেতে লিখিছিল- “ মই নদীৰ পৰা সাগৰলৈ যাব পাৰো/সাগৰৰ পৰা নদীলৈ ঘূৰি আহিবও পাৰোঁ
Be water
Be shapeless...”

জুবিন গাৰ্গে সততে কৈছিল- “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত৷” এই কথাৰে তেখেতে সকলোৰে উৰ্ধত মানৱতা আৰু এই মানৱতাৰ বিশাল আকাশৰ কথাকেই মানুহক ক’ব খুজিছিল৷ তেখেত স্বভাৱগত অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰচণ্ড প্ৰতিবাদী সত্তা আছিল৷ কাকো 'কেয়াৰ' কৰা নাছিল৷ সত্যৰ পক্ষত অকলসৰে থিয় দিব পাৰিছিল। তেখেতে কৈছিল- “ আমি নতুন প্ৰজন্ম, দেশ সলাবও পাৰো, দেশ জ্বলাবও পাৰো৷” এই কথাৰে নতুন প্ৰজন্মৰ শক্তি-সামৰ্থ্য আৰু স্বজাতিৰ বাবে থকা দায়বদ্ধতাৰ কথাকে হয়তো ক’ব বিচাৰিছিল৷

প্ৰায় দুকুৰি হেজাৰ গীতত কণ্ঠদান কৰা, পাঁচ হাজাৰোধিক গীত নিজে ৰচনা কৰা, ভাৰতবৰ্ষৰ প্ৰায় দুকুৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা-উপভাষাত লোকসংগীত, আধুনিক সংগীত পৰিৱেশন কৰাৰ উপৰি দৰিদ্ৰৰ ভগৱান, প্ৰকৃতি প্ৰেমী, জীৱন্ত কিম্বদন্তী এইজনা মহানায়কৰ মহাপ্ৰস্থানত আজি সমগ্ৰ দেশ ম্ৰিয়মাণ৷ সকলোৰে চকুত মাথোঁ চকুলো৷ অসমে অকল্পনীয়, অনাকাংক্ষিত ভাবে যেন কলিজাৰ এটুকুৰা হেৰুৱাই পেলালে৷ তেখেতৰ গানত যেনেদৰে ফুটি উঠিছিল 'সাগৰ তলিত শুবৰে মন' আৰু ঠিক তেনেদৰেই তেখেতৰ জলসমাধি ঘটিল৷

তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া তথা অন্তিম শয়নত শেষ শ্ৰদ্ধা জনাবলৈ দেখা গ’ল লক্ষ লক্ষ অনুৰাগীৰ ভিৰ৷ য’ত আছিল শিশুৰ পৰা আবাল বৃদ্ধ-বণিতালৈকে। সেইখিনি সময়ত তেখেতে পূৰ্বতে মৃত্যুক উদ্দেশ্য কৰি যি কৈছিল— “ মোৰ মৃত্যু হ’লে সমগ্ৰ অসম স্তদ্ধ হৈ যাব৷" বাস্তৱত তাৰেই প্ৰতিফলন ঘটিল৷

২০ লক্ষাধিক অনুৰাগীয়ে শেষ যাত্ৰাত অংশগ্ৰহণ কৰি মৃত্যুৰ পাছতো বিশ্ব ৰেকৰ্ড গঢ়িলে৷ তেখেতৰ অবৰ্তমানত ৰাজ্যজুৰি গুঞ্জৰিত হ’ল- “মায়াবিনী ৰাতিৰ বুকুত...নিজানৰ গান মোৰ শেষ হ’ব ভাবো তোমাৰ বুকুত..." জুবিন গাৰ্গে নিজেই কৈ গৈছে- 'মায়াবিনী এক ফেণ্টাছী৷ মোৰ যেতিয়া মৃত্যু হ’ব, তেতিয়া গোটেই অসমত এই গানটোৱেই বাজিব৷'

জীৱিত কালত অনেক বটাঁ বাহনেৰে সমৃদ্ধ হোৱা এই যুগজয়ী শিল্পীগৰাকীক তেখেতৰ আকস্মিক বিদায়ৰ পাছত Google- এ “ The humming king of the world” ৰূপে স্বীকৃতি দিয়ে৷
সোণাপুৰৰ কমাৰকুছিৰ বুকুত বিলীন হোৱা এই মহান শিল্পীগৰাকীৰ মহাপ্ৰয়াণে অসমীয়া জাতিৰ বাবে এক বিৰাট শূণ্যতাৰ সৃষ্টি কৰিলে৷ সাগৰতলিৰ সাধুকথা শুনাৰ ইচ্ছা হয়তো কাৰো নাছিল! আকৌ আহিবা তুমি ন ন সুৰেৰে, ন ন কথাৰে, ন ন ছন্দৰে, ন ন ছবিৰে, এটা শেষ নোহোৱা গান হৈ, জীৱন জুৰোৱা গান হৈ...অসমী আইে বাট চাব...আদৰুৱা বাটলৈ...

অঙ্গন: পৃষ্ঠাঃ 10
প্ৰকৃতি আৰু মানুহৰ দ্বন্দ্ব :
হাতী–মানুহৰ সংঘাতৰ গভীৰ বিশ্লেষণ

হেমন্ত কলিতা
নলবাৰী

অসমত হাতী–মানুহৰ সংঘাত এতিয়া কেৱল বনৰীয়া জন্তুৰ সমস্যা হৈ থকা নাই। ই এক গভীৰ সামাজিক, পৰিৱেশগত আৰু নীতিগত সংকটলৈ ৰূপান্তৰিত হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত—বিশেষকৈ নলবাৰী, কামৰূপ (গ্ৰাম্য), শোণিতপুৰ, গোলপাৰা, চিৰাং, বকো আদি অঞ্চলত—প্ৰতিদিনে গাঁওৰ অলি–গলিত হাতীৰ বিচৰণে এই কথাটো স্পষ্ট কৰি তুলিছে যে উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত সমন্বয় সাধন কৰাত আমি ক্ৰমাগতভাৱে ব্যৰ্থ হৈছোঁ। হাতী কোনো সাধাৰণ বনৰীয়া জন্তু নহয়। ই এক ‘কীষ্টোন প্ৰজাতি’ হিচাপে পৰিচিত। পৰিৱেশ বিজ্ঞানৰ মতে, হাতীৰ উপস্থিতিয়ে বনাঞ্চলৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। বীজ বিস্তাৰ, বনাঞ্চলৰ পুনৰুজ্জীৱন আৰু জলচক্র সংৰক্ষণত হাতীৰ ভূমিকা অপৰিহাৰ্য। কিন্তু বাস্তৱ হ’ল—এই বৈজ্ঞানিক সত্যক উপেক্ষা কৰি অসমত যি ধৰণে উন্নয়ন প্ৰকল্প ৰূপায়ণ কৰা হৈছে, সেয়াই আজিৰ সংঘাতৰ মূল কাৰণ৷ বিগত কেইদশকত অসমত বনাঞ্চলৰ ক্ষেত্ৰফল উল্লেখযোগ্য হাৰত সংকুচিত হৈছে। চাহ বাগিচা বিস্তাৰ, পথ–ঘাট আৰু ৰেলপথ নিৰ্মাণ, নগৰায়ণ আৰু বিভিন্ন বৃহৎ প্ৰকল্পৰ নামত বনভূমি দখল কৰা হৈছে। ইয়াৰ লগে লগে ধ্বংস হৈছে বহু ঐতিহ্যবাহী হাতী কৰিডৰ। হাতীৰ পৰম্পৰাগত চলাচল পথ ৰুদ্ধ হোৱাত সিহঁতে খাদ্য আৰু পানীৰ সন্ধানত বাধ্য হৈ মানুহৰ বসতিত প্ৰৱেশ কৰিছে। সেয়েহে আজি গাঁওত হাতীৰ আগমন কোনো ব্যতিক্ৰমী ঘটনা নহয়; ই এক নিয়মিত বাস্তৱ।

নলবাৰী জিলাৰ বৰমা–ধমধমা অঞ্চল বা পাগলাদিয়া উপত্যকা সংলগ্ন গাঁওসমূহত এই বাস্তৱ প্ৰতিদিনে দেখা যায়। নিশা হাতীৰ আতংকত গাঁওবাসীয়ে নিদ্ৰা ত্যাগ কৰা, শস্য নষ্ট হোৱাত কৃষকৰ সৰ্বস্বান্ত হোৱা, কেতিয়াবা প্ৰাণঘাতী ঘটনা সংঘটিত হোৱা—এইবোৰ এতিয়া সংবাদৰ শিৰোনাম নহয়, বৰং এক দৈনন্দিন সত্য।

এই সংঘাতৰ আটাইতকৈ কৰুণ দিশটো হ’ল—ইয়াৰ মূল ভুক্তভোগী দুখীয়া আৰু প্ৰান্তিক লোকসকল। শস্য নষ্ট হ’লে বা ঘৰ ভাঙি গ’লে তেওঁলোকৰ বাবে বিকল্প কোনো ব্যৱস্থা নাথাকে। চৰকাৰী ক্ষতিপূৰণ ব্যৱস্থা থাকিলেও সেয়া অধিকাংশ ক্ষেত্ৰত বিলম্বিত আৰু পৰিমাণত অপ্রতুল। ফলস্বৰূপে ক্ষতিগ্ৰস্ত লোকৰ মাজত ক্ষোভ জন্ম লয়, যি ধীৰে ধীৰে বনৰীয়া জন্তুৰ বিৰুদ্ধে বিদ্বেষলৈ পৰিণত হয়। এই মানসিকতা পৰিৱেশ সংৰক্ষণৰ বাবে এক অশুভ সংকেত। কিন্তু এই সংঘাতৰ দায় হাতীৰ ওপৰত জাপি দিয়াটো সহজ হ’লেও সেয়া সঠিক নহয়। প্ৰশ্নটো স্পষ্ট—হাতীয়ে মানুহৰ এলেকাত প্ৰৱেশ কৰিছে নে মানুহেই হাতীৰ এলেকাত অনুপ্ৰৱেশ কৰিছে ? বাস্তৱ হ’ল, পৰিকল্পনাহীন উন্নয়ন, বিজ্ঞানসন্মত ভূমি ব্যৱস্থাপনাৰ অভাৱ আৰু প্ৰাকৃতিক কৰিডৰ অগ্ৰাহ্য কৰাৰ বাবেই এই সংঘাত সৃষ্টি হৈছে। ৰেলপথ বা হাইৱে হাতীৰ চলাচল পথৰ মাজেৰে নিৰ্মাণ কৰি পুনৰ হাতী–ৰেল দুৰ্ঘটনাৰ বাবে হাতীকেই দায়ী কৰা একপ্ৰকাৰ আত্মপ্ৰবঞ্চনা । এই প্ৰেক্ষাপটত হাতী–মানুহৰ সংঘাতক কেৱল বন বিভাগৰ দায়িত্ব বুলি ভাবিলে সমস্যাৰ সমাধান সম্ভৱ নহয়। ই উন্নয়ন পৰিকল্পনা, প্ৰশাসন, ৰাজনীতি আৰু সমাজ—সকলোৰে সৈতে জড়িত এক সামগ্ৰিক সংকট। সেয়ে সমাধানৰ পথো হ’ব লাগিব সমন্বিত আৰু দীৰ্ঘম্যাদী।
প্ৰথমতে, অসমৰ সকলো হাতী কৰিডৰ বৈজ্ঞানিকভাৱে চিনাক্ত কৰি আইনগত সুৰক্ষা নিশ্চিত কৰাটো সময়ৰ দাবী। কেৱল নথিত নহয়, মাটিত তাৰ বাস্তৱ প্ৰয়োগ হ’ব লাগিব। দ্বিতীয়তে, যিকোনো উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰত পৰিৱেশ প্ৰভাৱ মূল্যায়ন কঠোৰভাৱে মানি চলা উচিত। তৃতীয়তে, স্থানীয় ৰাইজক অংশীদাৰ কৰি সমন্বিত বন ব্যৱস্থাপনা গঢ়ি তুলিব লাগিব।

মৌ–বেৰ, সৌৰচালিত বৈদ্যুতিক বেৰ, আগতীয়া সতর্কতা ব্যৱস্থা আদি বিজ্ঞানসম্মত উপায় ইতিমধ্যে বহু ঠাইত ফলপ্ৰসূ হৈছে। একে সময়তে ক্ষতিপূৰণ ব্যৱস্থাক সৰল, স্বচ্ছ আৰু সময়সীমাবদ্ধ নকৰিলে ৰাইজৰ বিশ্বাস অটুট নাথাকিব। সত্য স্বীকাৰ কৰিব লাগিব যে হাতী আমাৰ শত্রু নহয়। সিহঁত আমাৰ ভুল উন্নয়ন নীতিৰ চিকাৰ। প্ৰকৃতিৰ সৈতে সহঅস্তিত্বৰ দৰ্শন গ্ৰহণ নকৰিলে উন্নয়ন কেতিয়াও হ’ব নোৱাৰে। আজি হাতীৰ সৈতে সংঘাত, কাইলৈ হয়তো পানী বা বায়ুৰ সৈতে। সেয়ে সময় আহি পৰিছে উন্নয়নৰ সংজ্ঞা নতুনকৈ ভাবি চোৱাৰ। প্ৰকৃতি আৰু মানুহৰ মাজৰ এই দ্বন্দ্ব সমাধান কৰাটো কেৱল নৈতিক দায়িত্ব নহয়, ই আমাৰ অস্তিত্বৰ প্ৰশ্ন।

অঙ্গন: পৃষ্ঠাঃ 11
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ

(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
✍ৰূপা গগৈ

(খণ্ড ২৬)

সিহঁত দুজনীৰ কথাত ৰাজী হ'লোঁ আৰু এক সপ্তাহ দিন কলেজলৈ নোযোৱা সিদ্ধান্ত ল'লোঁ । মইতো জানো পৰাগে কেতিয়াও সোণালীৰ ভালপোৱা এচেপ্ত নকৰে । তথাপিও মই আশা কৰোঁ কিজানি কেনেবাকৈ তাৰ মন সলনি হৈ যায় । সেয়ে তাৰ পৰা দূৰে দূৰে আঁতৰি আছোঁ । সিহঁতৰ বাজিত ৰাজী হৈ আকৌ নতুন চিন্তাত পৰিলোঁ । এইবাৰ নিজৰ কথাত নিজেই ফচিম নেকি । এহ্‌ ! যি হয় হ'ব আৰু দেখা যাব সময়ত । সিহঁত দুজনীক সাৱধান কৰি দিলোঁ যাতে এই কথা আমাৰ তিনিজনীৰ মাজতহে থাকে । কেনেবাকৈ পৰাগৰ কাণত পৰিলে চব ওল্টা-পাল্টা হৈ যাব । মই ভবা কথাটো নহ'বগৈ । 

ছয় দিন পাৰ হ'ল । নিশাহঁতৰ মুখৰ পৰাই কলেজৰ প্ৰতিটো খবৰ পাই আছোঁ । পৰাগে আগতকৈ বেছি নীৰৱ হৈ পৰিছে । ক্লাছত নবহে । এনেই কলেজলৈ আহিছে গৈছে । আনফালে সোণালীয়ে তাৰ লগ এৰিব নিবিচাৰে। সি আকৌ তাইৰ পৰা নিলগে থাকে । সেয়ে ছয় দিনত কোনো সু-বাৰ্তা নাই । 

সাত দিনৰ আৰম্ভ হ'ল । বাজি লগোৱাৰ আজি অন্তিম দিন । মই মহা চিন্তাত পৰিলোঁ । কি হ'ব আজি । এই কেইজনীয়েটো মোক নেৰিব । সিহঁতে সদায় বিচাৰি আছে পৰাগে বিচৰা ধৰণে মই মুখ খুলি এবাৰ ভালপাওঁ বুলি কোৱাতো । হেঃ ভগৱান মোক আৰু হাৰ মানিবলৈ বাধ্য নকৰাবা দেই । পৰাগক কিবা সুমতি দিয়া যাতে আজি মই হাত সাৰিব পাৰোঁ । কিবাকৈ তাৰ মুখৰ পৰা সোণালীক ভালপাওঁ বুলি ওলাই যোৱা হ'লে । বেবেৰিবাং কথা কিছুমান চিন্তা কৰি মনটো খলিধলি কৰি থাকিল । সিহঁত দুজনী কলেজলৈ গ'ল । মই ৰুমৰ ভিতৰতে ইফাল-সিফাল কৰি থাকিলোঁ ।

সময় তেতিয়া ঠিক বাৰ মান বাজিছে । এনেতে সৌৰভ আৰু ৰীমা দুয়োটাই মোক চিঞৰি চিঞৰি ৰুমলৈ সোমাই আহিল । সিহঁতক এনেকৈ চিঞৰি অহা দেখি আচৰিত হোৱাৰ লগতে ভয়ো খাইছিলোঁ । বুকুখন অলপ কঁপিছিল ; কিবা নহ'ব লগীয়া ঘটনা ঘটিল বুলি । সিহঁত দুয়োটালৈ চাই সুধিলোঁ---

এই তহঁত দুটা এনেকৈ টেটুফালি চিঞৰি ঢপলিয়াই আহিছ যে কি হ'ল ? 

দুয়োটাই কঁপা কঁপা কণ্ঠৰে ভয় খাই হেহাই-সোপাই মোক কৈছে "--- তই ওলা ব'ল আমাৰ লগত । জল্ডি কৰ ।

মই একো বুজিব নোৱাৰি আকৌ সুধিলোঁ"---ক'লৈ যাব লাগে তহঁতৰ লগত । একো খুলি নক'ৱ কিয় ?

হেইবোৰ পাছত শুনিবি । ব'ল গ'লে সকলো গম পাবি । এতিয়া কৈ থাকিবৰ সময় নাই ।

আৰে সকলো খুলি নক'লেও মূল কথাটোতো ক'ব পাৰ কি হৈছে ?

সৌৰভে মোলৈ চাই ক'লে"--- এহ্‌ পাছত শুনিবা । এতিয়া কৈছোঁ নহয় জল্ডি আমাৰ লগত ব'লা ।

নিশা ক'ত ? তাইৰ কিবা হ'ল নেকি ?

আহ্‌হা ! তাইৰ একো হোৱা নাই । প ৰা গ ৰহে ... বুলি ৰীমাই আধৰুৱাকৈ ক'লে ।

মই পৰাগৰ নাম শুনি কি হ'ল পৰাগৰ নকৱ কিয় বুলি সৌৰভৰ গাত ধৰি জোকাৰি দিলোঁ । পৰাগ বুলি কোৱা লগে লগে মোৰ গোটেই গাটো কঁপিব লাগিল । বুকুখন চিৰিং কৈ গ'ল । মনলৈ ভাব আহিল কি মোৰ বাবে সি আ ...ত্ম ...হ ...ত্যা কৰিল নেকি । নাই নাই এনে কাম সি কেতিয়াও কৰিব নোৱাৰে । নাই কি অমংগলীয়া চিন্তা মনলৈ আহিল । সিহঁতক একো নকৈ মই খৰধৰকৈ কাপোৰ পিন্ধি সিহঁতৰ লগত ওলাই গ'লোঁ ।

সৌৰভৰ বাইকত দুইজনী বহি ল'লোঁ । বাটত কাৰো মুখৰ মাত নাই । মোৰ কলিজা ধৰফৰাই আছে কি বা হ'ল পৰাগৰ । কেতিয়া তাৰ কাষ পাওঁ মুখখন দেখিবলৈ পাওঁ এনে লাগিল । কথাবোৰ প্ৰকৃততে হৈছে কি তাৰো একো উৱাদিহ্‌ পোৱা নাই । পৰাগে আগেয়ে কোৱা কথাবোৰ মনলৈ এটাকৈ এটাকৈ আহিব ধৰিলে । পৰাগে কথাই প্ৰতি শুনাই থকা কথা কেইষাৰিলৈ মনত পৰিল" মই কেৱল তোমাৰ হ'ব বিচাৰোঁ কেৱল তোমাৰ আৰু তুমি কেৱল মোৰ ! এই ভাৱনাতে চাগৈ এদিন মৰি থাকিম ।" কথাষাৰ মনলৈ অহাত বুকুখন বিষাই উঠিল । কথাবোৰ ভাবি গৈ থাকোঁতে কেতিয়ানো মেডিকেলৰ পালোঁগৈ গমেই নাপালোঁ । যেতিয়া সৌৰভে বাইক ৰখাইছিল তেতিয়াহে মোৰ সম্বিত ঘূৰি আহিল । বাইকৰ পৰা নামি লক্ষ্য কৰিলোঁ কলেজৰে বহু ছাত্ৰ-ছাত্ৰীয়ে মেডিকেলৰ বাৰাণ্ডাত ভিৰ হৈ আছে । মই তেতিয়ালৈকে কি হৈছে একো গম পোৱা নাছিলোঁ । ৰীমাই মোক হাতত ধৰি টানি মেডিকেলৰ ভিতৰলৈ লৈ গ'ল । সকলোৱে মোলৈ চাইছে । কিন্তু কোনেও একো কোৱা নাই । মোক দেখি নিলয় , সমীৰ , গুঞ্জন , নিশা আৰু লগৰ কেইজনী মান 
দৌৰি আহি সাৱটি ধৰি উচুপি উঠিল । নিলয়হঁতে চলচলীয়া চকুৰে মোলৈ চাই থাকিল । কোনেও একো নক'লে । মই কি কওঁ সিহঁতক একো আওভাও নোপোৱা হ'লোঁ সিহঁতৰ ৰূপবোৰ দেখি । ইফালে-সিফালে চালোঁ পৰাগক দেখোঁ নেকি নাই ক'তো পৰাগক দেখা নাপালোঁ । এবাৰ চকু পৰিল চিকিৎসাৰ কক্ষৰ দুৱাৰ মুখত কলেজৰ গৌৰৱ ছাৰ মৃমন্ম ছাৰ ৰৈ আছে । তেওঁলোকৰ মুখত গভীৰ ভাৱনাৰ চাপ দেখিবলৈ পালোঁ । একো বুজিব নোৱাৰি সিহঁতক ক'লোঁ"--- তহঁতে মোক ইয়ালৈ কিয় আনিছ ? কি হৈছে কোনেও একো খুলি নকৱ কিয় ? 

সিহঁতে কোনেও মোক একো নক'লে । সিহঁতৰ মৌনতা মোৰ বাবে অসহনীয় যন্ত্ৰণা হৈছিল । পৰাগৰ কথাই বাৰে বাৰে মোক আমনি কৰিছিল । ভয় , শংকা আৰু দুচিন্তাই মোক হেঁচা মাৰি ধৰিছিল । ইমানবোৰ সহ্য কৰা মোৰ পক্ষে অসম্ভৱ হৈছিল । অধৈৰ্য্য হৈ চিঞৰি দিলোঁ " কি হৈছে পৰাগৰ মোক নকৱ কিয় ! পৰাগ ক'ত ; ক'ত পৰাগ !"

ৰীমা আৰু নিশাই মোক ছাৰহঁত ৰৈ থকা ৰুমৰ দুৱাৰ মুখখনৰ ফালে টানি লৈ গ'ল । মোৰ পাছে নিলয় , সৌৰভ ,সমীৰ , চন্দনহঁতো আহিল ।

 (ক্ৰমশঃ)

অঙ্গন: পৃষ্ঠাঃ 12
অণুগল্পঃ

বিশ্বাসঘাটক

গীতামণি কলিতা 

"বাঃ বাঃ সুন্দৰ পৰিৱেশন সৌৰভ । ভাল লাগিল তোমাৰ গীত শুনি। যাদুকৰী কণ্ঠ, সুললিত সুৰে মন্ত্ৰমুগ্ধ কৰি দিলে, এনেদৰেই ন-ন চিন্তাৰে জনতাক তোমাৰ গীতৰ মায়াজালত বন্দী কৰি ৰাখিবা "।
" ধন্যবাদ দাদা, আপোনাৰ মন্তব্যত আপ্লুত হ'লোঁ। মই আমাৰ প্ৰাণৰ শিল্পী জুবিন দা হ'ব নোৱাৰোঁ কিন্তু তেখেতৰ আদৰ্শ অনুসৰণ কৰিব বিচাৰোঁ।"
" ভাল কথা, ভাল চিন্তা কৰিছা। আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমাৰ মাজতে জীয়াই ৰাখিব লাগিব। তেওঁৰ মহৎ সৃষ্টিৰাজী জনগণৰ মাজত অমৰ হৈ থাকিব লাগিব। কিন্তু... মনত ৰাখিবা, মানুহক বিশ্বাস কৰিবা কেৱল যোগ্যজনকহে , আমাৰ প্ৰিয় শিল্পীজনৰ দৰে অযোগ্যজনক চকুমুদি বিশ্বাস কৰি নিজৰ জীৱনলৈ বিপদ মাতি নানিবা "।
" হয় দাদা , আমাৰ মানৱদৰদী জুবিন দাই জনসাধাৰণৰ মাজত থাকি কেৱল মৰম, বিশ্বাস আৰু দান দিবলৈহে শিকিলে, কিন্তু অকৃতজ্ঞ সকলে তেখেতৰ মহানতাক সৰলতাৰ সুযোগ লৈ বিশ্বাসঘাটকতাহে কৰিলে "।
" এৰা, আমাৰ জুবিন গাৰ্গ মহান আছিল সেইবাবে তেওঁৰ দৰে পৱিত্ৰ আত্মাক যিসকলে অন্যায় কৰিছে ঠগিছে তেওঁলোকৰ কিন্তু সুখ, শান্তি , সন্মান সকলো শেষ হৈ গৈছে।ভগৱানৰ আদালতৰ পৰা তেওঁলোক কেতিয়াও সাৰি যাব নোৱাৰে, ভগৱানে শাস্তি দিবই । যিটো আমিও কামনা কৰোঁ। প্ৰিয় শিল্পীজনে আমাক বহু কথাই শিকাই গ'ল, তাৰ ভিতৰত আমি এইটোও মনত ৰখা উচিত যে... বক্ৰপথেৰে কৰা যিকোনো কৰ্মৰ সুখ ক্ষনস্থায়ী হয় আৰু সৎ পথেৰে কৰা কৰ্মৰ সুখ দীৰ্ঘস্থায়ী "।

ঠিকনা :    
ভাতেমৰা পথ
যোৰহাট

অঙ্গন: পৃষ্ঠাঃ 13
ৰায়দান কি হ’ব 

শৰৎ হাজৰিকা

ঘটনাটো কিহৰ পৰা কি হ’ল ? কওকচোন ৷
কি ক’ম ? তিলতিল যন্ত্ৰণাত ভুগিছোঁ ৷
যি হ’ল তাকেই কওক ৷
শিশুহঁতক মই বৰ ভাল পাওঁ ৷ সিহঁতৰ সৰল মুখবোৰ,
সিহঁতৰ খোলামনৰ কথাবোৰ, খেলাধূলা কৰা দৃশ্যবোৰত মুগ্ধ হওঁ ৷ কিবা এক চুম্বকীয় আৰ্কষণ আছে ৷
কিন্তু কথাটো----
চকুৰ পচাৰতে খেলি খেলি ল’ৰাছোৱালীহালৰ কোন 
কুক্ষণত ল’ৰাটো পিছলি দ' গাঁতত পৰিল ধৰিবই নোৱাৰিলো ৷ আৰু এতিয়া মই ৰাইজৰ ৰোষত---
হ’ব ৷ বুজিলো ৷
চাব ইন্সপেক্টৰ বৰুৱাই কেচ ডায়েৰীত লিখিলে 
এয়া হত্যা নহয় , এক আকস্মিক দুৰ্ঘটনা ৷
শিশুক ভালপোৱা মানুহ হত্যাকাৰী হ’ব নোৱাৰে ৷
মহামান্য আদালতে দোষীৰ সপক্ষে ৰায়দান কৰিব ।

অঙ্গন: পৃষ্ঠাঃ 14
গৃহস্থ

ইন্দুপ্ৰভা দত্ত অধিকাৰী 

'ঐ শুনচোন ! ঘৰত বাৰু মালিক আছেনে ?'
' মালিক মানে ... ৰমেন ভৰালী! কিবা কথা আছিল নেকি ! '
'তোক ইমানখিনি কিয় লাগে ? ভৰালী ছাৰ আছে যদি মাতি দে ।'
বন চাফা কৰি থকা কোৰখন এৰি অলপ আগুৱাই গৈ তেওঁ ডাঙৰকৈ চিঞৰিলে ...
"হেৰা... ওলাই আহাঁচোন ! এখেতক বহিবলৈ দিয়া। মই গৈ আছোঁ।"
তীব্ৰ লজ্জাবোধত তলমূৰ হৈ ঠিকাদাৰজন ভিতৰলৈ নগৈ বাৰাণ্ডাৰ চকীতে বহি পৰিল ।

অঙ্গন: পৃষ্ঠাঃ 15
অনুবাদ কবিতাঃ

FOOTPRINTS IN THE SAND

Mary Stevenson

One night dreamed I was walking
Along the beach with the Lord.
Many scenes from my life flashed across the sky
In each scene I noticed footprints in the sand.
Sometimes there were two sets of footprints,
Other times there was one only.
This bothered me because I noticed that
During the low periods of my life, when
 I was suffering from anguish, sorrow or defeat
I could see only one set of footprints,
So I said to the Lord, “You promised me
Lord, that if I followed you,
You would walk with me always.
But I have noticed O’ Lord, 
That during the most trying periods
Of my life there has only been
One set of footprints in the sand.
Why, when I needed You most,
Have You not been there for me”?
The Lord replied,
The years when you have
seen only one set of footprints were 
When I carried you on my lap.

বালিত খোজৰ চিন

(মূলঃ মেৰী ষ্টিভেন্সন 
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী) 

এনিশা সপোনত দেখিলোঁ, মই ভগৱানৰ সৈতে
সমূদ্ৰতটৰ বালিত খোজ কাঢ়িছোঁ।
মোৰ জীৱনৰ চিত্ৰপটবোৰ দৃশ্যমান হ’ল আকাশত
প্ৰতিখন দৃশ্যপটতে মই দেখিছিলোঁ বালিত খোজৰ চিন।
কেতিয়াবা দৃশ্যপটবোৰত আছিল দুজনৰ ভৰিৰ খোজ,
আনবোৰত আকৌ খোজবোৰ আছিল মাথোঁ এজনৰ।
কথাটোৱে মোক চিন্তিত কৰিলে,
কাৰণ মই লক্ষ্য কৰিলোঁ যে
মোৰ জীৱনৰ দূৰ্যোগতম সময়ত,
যেতিয়া মই দুখ, কষ্ট আৰু পৰাজয়ত ভূগিছিলোঁ,
সেই সময়বোৰতে বলুকা-পৃষ্ঠত মই দেখিছিলোঁ
মাথোঁ এযোৰ ভৰিৰহে খোজ।
তাকে দেখি, ভগৱানক মই শুধিলোঁ
“হে প্ৰভু, তুমিতো মোক কৈছিলা,
মই যদি তোমাত অবিচল ভক্তি ৰাখোঁ,
সদা-সৰ্বদা তুমি মোৰ কাষতে থাকিবা,
কিন্তু প্ৰভু, মোৰ জীৱনৰ দূৰ্যোগতম
মূহুৰ্ত্তবোৰত বলুকা-পৃষ্ঠত দেখিছোঁ মই
মাথোঁ এযোৰ ভৰিৰ হে খোজ,
কিয়, হে’ প্ৰভু
মোৰ অতীব প্ৰয়োজনৰ সময়ত
তুমি মোৰ কাষত নাথাকিলা, কিয় প্ৰভু”?
ভগৱানে ক’লে-
“শুনা ভক্ত, সেই সময়বোৰত-
যেতিয়া দেখিছা তুমি বলুকা-পৃষ্ঠত 
মাথোঁ এযোৰ ভৰিৰ খোজ, 
তেতিয়া তোমাক ডাঙি লৈ মই, 
ৰাখিছিলোঁ মোৰ কোলাৰ বেষ্টনিত।
 
 (ইংলেণ্ডৰ ইপ্সউইছ চহৰত থাকোতে তাৰ বাসিন্দাসকলে প্ৰকাশ কৰা তিনিমহীয়া আলোচনী এখনত পঢ়ি ভাল লগা কবিতা এটাৰ অনুবাদৰ প্ৰচেষ্টা)

কাহিলিপাৰা, গুৱাহাটী
মো: নং ৯৪৩৫৪০৯৯৬০/৯৯৭১৪৭৭৪০০

অঙ্গন: পৃষ্ঠাঃ 16
ঈশ্বরী

শঙ্খ ঘোষ

যখন বরফে সব ঢেকে আছে, তুমি একা জেগে
যখন বিকল স্মৃতি, কে কোথায় মনেও পড়ে না
এইখানে টিলা ছিল ওইখানে ছিল বুঝি লেক
আজ সব শ্বেতাভায় কালো শুধু তোমার কালিমা
যখন শপথ মানে কেবলই শ্বাসের অপঘাত
যখন জীবন মানে কেশর নখর আর দাঁত
যখন নিজেকে শুধু মনে হয় তুষারের হিমে
ঝরে-যাওয়া জমে-যাওয়া নিরুদ্দেশে মরে-যাওয়া পাতা
যখন ধ্বংসকে আরও ধ্বংস করে দিতে ইচ্ছে হয়
এমনকী মুছে যায় সমস্ত অতীত-কাতরতা---
তখন ও মেয়ে, মেয়ে, তখন কি মনেও পড়ে না
এ কেবল স্থানবিন্দু এ কেবল কালবিন্দুটুকু
মনে কি পড়ে না এই বিন্দু ভেঙে তোমার হৃদয়
শূন্য আলিঙ্গন করে নিজেই ঈশ্বরী হতে পারে?

ঈশ্বৰী

(মূল বাংলা: শঙ্খ ঘোষ
ভাৱানুবাদ: অৰুণিমা শৰ্মা মহাপাত্ৰ)

যেতিয়া গোটেইখন ধৰা আছিল বৰফে আবৰি 
তুমি অকলে কটাইছিলা নিশা উজাগৰী ,
যেতিয়া বিকল হৈছিল সকলো স্মৃতি 
সকলো মচি নিছিল পাষাণ পাহৰণি,
ইয়াতেই আছিল চাগৈ এটি চাপৰ পাহাৰ !
নে আছিল এটি সৰু হ্ৰদ!
আছিল বৰফ আচ্ছাদিত শ্বেতাভাৰ শুভ্ৰ লালিমা,
ইয়াতেই একমাত্ৰ ক'লা আছিল 
তোমাৰ দেহৰ কালিমা।
শপথ বুলিলে য'ত আছিল মাথোঁন শ্বাসৰুদ্ধ অপঘাত,
যেতিয়া জীৱন হয় কেৱল নোম, শিং আৰু হিংস্ৰ দাঁত,
যেতিয়া নিজকে বিচাৰি পালা
হাড় হিম কৰা ঠেটুৱৈ লগা শীতৰ সৰা পাতত
তুষাৰপাতত গোট মাৰি নিৰুদ্দেশ হোৱা গেলি যোৱা পাতত।
যেতিয়া ধ্বংসপ্ৰাপ্তক আৰু বেছিকৈ ধ্বংস কৰিবলৈ গৈছিল মন
যেতিয়া মচি নিছিল অতীতে কাতৰতাৰ স্মৃতিৰ ছন পৰা জীৱন,
তেতিয়া কাবৌকৈ মাতিছিলোঁ অ' ছোৱালী!!
অ' আজলী!
তেতিয়াও মনত নপৰিল জানো,
এয়া যে কেৱল স্থানবিন্দু 
এয়া যে কেৱল কালবিন্দু
এবাৰো মনত নপৰিল জানো!
এই বিন্দু বিদীৰ্ণ কৰি তোমাৰ হৃদয়ে বিচাৰিলে শূণ্যক আলিঙ্গন কৰি নিজেই হৈ উঠিব পাৰে নিজৰ ঈশ্বৰী ??

অঙ্গন: পৃষ্ঠাঃ 17
কবিতাঃ

দুটি কবিতা

ৰীতা বৰুৱা

এক 

ফুলবোৰ...

বেলি ফুলাৰ পৰতে
নেদেখা বাটেৰে গুচি যায় 
ফুলবোৰ
আঙুলিৰ পৰা আঙুলিলৈ
হৃদয়ৰ পৰা হৃদয়লৈ

দিনটোলৈ সবাৰে
শুভকামনা কৰি ।

দুই 

হাওলিয়েই হেৰাল...

হাওলিয়েই হেৰাল
সোণ হালধীয়া হাঁহি

এতিয়া
দুখৰ দুআঁঠুত মুখ গুজি 
হেন্দুলিছে
আধৰুৱা সপোনৰ 
পিঠি ।

অঙ্গন: পৃষ্ঠাঃ 18
প্ৰেমৰ দিন

ৰণ্‌জিত গগৈ

সপোন ফঁহিয়াই 
উজাগৰে আছোঁ
উঠক উগাৰি সুখৰ ঢৌ
অ’ বুকুৰ উৰণীয়া কপৌ৷

কবিতা কোমল যেন
এটি লাহী পাহি
বুকুৰ কোণতে ক’ৰ পৰা আহি 
ইমান ছাটি-ফুটি৷

অঙ্গন:  পৃষ্ঠাঃ 19
ৰুগ্ন ৰাতি বিঘ্ন অহ্ন

ৰাজেন বৰা

প্ৰতিটো ৰুগ্ন ৰাতি
বুকুৰ বঁকিয়াইদি সপোনৰ তাঁতবাতি
এনেকৈয়ে দিন মোৰ
এনেকৈয়ে ৰাতি
দীনৰ কি দিন
নিৰীহৰ নো কি নিশা
জংগমৰ যৱনিকাত গতিহীন সকলো জীৱন
মেহনান্তত সন্তাপিত যিদৰে শ্ৰেয়স ইতৰ সকলো জঠৰ
ৰুগ্ন ৰাতিও মগ্ন মানস
বিঘ্ন অহ্নতো চিন্ময় চৈতন্য
এন্ধাৰে পোহৰে প্ৰেমৰ পোহাৰ
বাসে উপৱাসে গতিত জোৱাৰ
জীৱন প্ৰতিটো একক অনন্য

জীৱন প্ৰত্যেকেই ধন্য অধন্য
অনুগ্ৰহ কৰি সৰল নকৰিবা মোক
চাব নিবিচাৰোঁ মই অৱয়বৰ সৰলীকৃত অৱক্ষয়
এন্ধাৰৰ দৰেই এন্ধাৰ হৈ থাকক মোৰ একাকিত্বৰ একান্ত ঐশ্বৰ্য
মোৰ ভাগে মোৰ মতে মোৰে সৈতে থাকিবলৈ দিয়া মোক
প্ৰগল্ভ আলাপ মোৰ হ’ব পাৰে প্ৰলাপ
সিয়েযে প্ৰলিপ্ত কৰি সযতনে সাঁচি ৰাখে নিভৃত নিগূঢ়
হেৰাই যাবলে’ দিয়া মোক নিজেই নিজত
গুচি যাব খোজোঁ মই শুচি হৈ
মাটিৰ মানুহক শুচিব্ৰতা মাটিয়েই কৰে শুচি
জুইলৈ নকৰোঁ ভয়
পানীলৈও নকৰোঁ ভয়
মাটিক কৰোঁ মৰম
যিদৰে মাটিয়ে মোক
আৰু এনেকৈয়ে
এনেকৈয়ে দিন মোৰ এনেকৈয়ে ৰাতি
সাগৰ খেদিবলৈ নাই
খান্দিলে সাগৰ হেনো সকলোতে পাই
তলে তলে একেখনেই সাগৰ সসাগৰা
আকাশলৈ নেমেলোঁ হাত
সকলো চোন আকাশৰে কোলাত
আৰু এনেকৈয়ে
এনেকৈয়ে কেতিয়াবা নিৰলে নিজানে
মাটি হৈ যাব খোজোঁ মাটিৰ বুকুতে
এনেকৈয়ে কেতিয়াবা নিৰলে নিজানে ...

অঙ্গন:  পৃষ্ঠাঃ 20
উপহাস

ড০ আৰমেদা আহমেদ

বিশ্ব দৰবাৰলৈ
সেউজী দলিছাৰে
খোজ লেখি লেখি
পিন্ধিলোঁ যেনিবা
শিৰত মুকুট। 
অভাৱ, অনাটন, নিচাসক্ত
কর্মহীনতা, ছন পৰা পথাৰ
বানে ধোৱা অসমী আইক
পাহৰিব পাৰিম কোন সতে
কামিহাড়ত লিপিট খোৱা
বুকুৰ পৰা-----
ওপজা ঠাইতেই
খাপ খোৱা নাই
জাতি ধৰ্ম ভেটি---
ভাই ভনী ককাই বাই
ওলমে গছত অভাৱৰ তাড়নাত, 
মাতাল যুৱকে নিজকে পাহৰি
আলি বাটত থপিয়াই
মহিলা যুৱতীৰ ডিঙি বাহু বুকু----
জগত জিনিবলৈ
সকলো পাহৰি
কি দৰে বাটকুৰি বাওঁ
দৰবাৰলৈ----
আত্মাৰ উপহাস
সহিবলৈ বুলি!!

অঙ্গন:  পৃষ্ঠাঃ 21
প্ৰেমৰ দিনত তোমালৈ... 

নৱদীপ গগৈ

(তুমি) 
তুমি মানেই
মোৰ
আকণ্ঠ আকুলতা
প্ৰাপ্তিৰ পুৰাতন ৰাগি।

(মই) 
মইতো নিঃশব্দ
কোলাহল
আদৰত জী উঠা
তোমাৰ হেঁপাহৰ বাঁহী..! 

(আমি) 
তথাপিও
আকাশখন একেই
একেই উশাহ
নৈ, বতাহ, ৰ'দ, এন্ধাৰ
শব্দ আৰু গান
য'ত ফুলি থাকোঁ আমি।

অঙ্গন:  পৃষ্ঠাঃ 22
আই, তোমাৰ চেনেহত 

সত্য নাথ শৰ্মা

আই
নুটুকিবা
চকুলো
আমাৰ
বাবে
মনত 
পৰে
তোমালৈ 
প্ৰতিক্ষণত।
কষ্টৰে অতি
গঢ় দিলা
সুন্দৰ জীৱন 
অবিস্মৰণীয় 
স্মৃতি অতীতৰ
শৈশৱ, কৈশোৰ 
পৰা কৰালা 
অতি যতনত
অতুলনীয় 
ঈশ্বৰ শ্ৰেষ্ঠ তুমি 
নোৱাৰোঁ 
মাৰিব
ঋণ তোমাৰ 
জীৱন অমূল্য 
পালো আই
(তোমাৰ চেনেহত )

অঙ্গন: পৃষ্ঠাঃ 23
এনেকৈয়ে জীৱন

বন্দনা সন্দিকৈ

সৰল বাট এটা পোনাই গৈ আছোঁ মই
প্ৰয়োজনত নিজেই ভাঙিছোঁ এঙনি-জেঙনি

নিদাৰুণ সময়ৰ কূটিল আঁচোৰে
স্থবিৰ কৰিব নোৱাৰে
আপোনৰ ভৰুণ কলিজাৰ কঁপনি

মানসিক অৱস্থা ভেদে
তল-ওপৰ হৈ থাকে
সুখ-দুখৰ তুলাচনী

সুখ নো ক'ত, দুখ নো ক'ত 
কান্ধ সলাই সলাই বৈ আছোঁ ভাৰ
গৈ আছোঁ প্ৰেমৰ সুহাগ বিলাই

মই যে বেপাৰি প্ৰেমৰ
এহাতে দিওঁ, এহাতে লওঁ
সুখ-দুখ একেটা মোনাতে সামৰি
গধূলি ঘৰমুৱা হওঁ ।।

অঙ্গন: পৃষ্ঠাঃ 24
আহিবা নে তুমি জুবিন দা

মীনা মজুমদাৰ

আহিবানে,,,?
আহিবানে জুবিন দা 
তুমি উভতি,
তোমাৰ গানৰ সুৰ‌ হৈ
মায়াবিনী ৰাতিৰ
পোহৰ বিলাবলৈ।
আশাৰে বাট চাই ৰ'ম আমি 
তোমাৰ গান শুনিবলৈ।

জুবিন দা,
তোমাৰ মৰমৰ ৰাজা আজি 
অকলশৰীয়া 
আৰু যে তবলা বজাইছিল 
বাঁহী বজাইছিল,
সিহঁতলৈ তোমাৰ জানো 
মনত পৰা নাই।
সিহঁতে কি কৰিছে
ক'ত ফাংচন ৰাখিছে 
তুমি জানো খবৰ ৰাখিছা।
আমি বুজিছো তুমি 
ভাগৰি পৰিছা।

জুবিন দা,
তুমি কৈছিলা 
সাগৰ তলিত 
শুবৰে মন,
কিয় ?
কিয় তুমি গুচি গ'লা
সাগৰৰ গভীৰতা বিচাৰি 
তোমাৰ মৰমৰ পিতৃক
অকলশৰীয়া কৰি।
গৰিমা বৌলৈ জানো 
তোমাৰ মনত পৰা নাই 
বৌ ৰৈ আছে তোমালৈ 
তোমাৰ মৰমৰ 
সান্নিধ্য বিচাৰি।

উঠা ,
শুৱাৰ পৰা উঠা জুবিনদা 
তোমাৰ কাষত ৰৈ আছে আজি
তোমাৰ মৰমৰ গৰিমা জনী
নুসুধিবা নেকি তুমি 
কিয় চকুলো টুকিছে বুলি।

আজি সকলো আহিছে ওলাই
তোমাৰ শুৱাঠাই সোণাপুৰলৈ
তোমাৰ খবৰ ল'বলৈ
কুশলে আছা নে তুমি ?
ভয় হয় জানা ,
তুমি খং কৰা বুলি।

উঠা
শুৱাৰ পৰা উঠা জুবিনদা,
তোমাৰ বাবে আছে ৰৈ 
তোমাৰ মৰমৰ 
অগনন অনুৰাগী,
তোমাক সেৱা যাছিবলৈ।

নলবাৰী

অঙ্গন: পৃষ্ঠাঃ 25
তেজাল ঘোঁৰাৰ দৰে শক্তিশালী আছিল তেওঁ

কল্যাণী ডেকা

তেওঁ মাথোঁ দৌৰিছিল দেহৰ প্ৰচণ্ড শক্তিৰে ধূলি উৰুৱাই
তেওঁ পাৰ কৰিছিল অগ্নিশিখাৰ ওখ ওখ দেৱালবোৰ
ভোকাতুৰসকলক দেহৰ মাংস কাটি ভগাই দিছিল
ৰ'দক ঠেলি বৰষুণৰ পানীৰে তৃষ্ণা আঁতৰাই তেওঁ বুটলি গৈছিল ভূমিকম্পত খহি পৰা টুকুৰাবোৰ 
শিলৰ বৰষুণজাকত তেওঁ থমকি ৰোৱা নাছিল 
জ্ঞানৰ পাহাৰ ভাঙি সুৰক্ষা কৱচ সাজি লোৱা তেওঁ বীৰ পুত্ৰ আছিল
ত্যাগৰ কলহেৰে পিয়াহৰ পানী খাইছিল
কেঁচুৰ গাতত নিগনি বিচাৰি সময় নষ্ট কৰা নাছিল তেওঁ
বৰপেৰাত সাঁচি থোৱা মৰমৰ মুকুতাৰে সকলোৰে বাবে পোহৰৰ বাট মুকলি কৰিছিল 
তেওঁক সকলোৱে দস্যু বুলি কৈছিল
নিজৰ হাড় ভাঙি সীৰলু সজোৱা তেওঁ কৃষক সৈনিক আছিল
তেওঁ মৃতদেহবোৰক সাৰে ৰাখিছিল 
পুনৰজন্মৰ তাৰিখ, বাৰ হিচাপ কৰিবলৈ
কেচুৱাৰ মাত শুনি সাধুকথাক জীয়াই তোলা তেওঁ জ্ঞানসাধক আছিল
তেওঁৰ মৃত্যু হোৱা নাছিল 
শ্মশানঘাটত মাতৃক লগ পাই তেওঁ পুনৰ মাতৃগৰ্ভত স্থান লৈছিল।

অঙ্গন: পৃষ্ঠাঃ 26
উপহাস

ৰুমী চাংমাই বৰুৱা

কেতিয়াবা নিৰলে শুনিছানে
ছন্দহীন জীৱনৰ গান
কেতিয়াবা অনুভৱ কৰিছানে
বেদনা দগ্ধ বুকুৰ যন্ত্ৰণা

বুটলি পাইছানে কেতিয়াবা
কাৰোবাৰ একোলা দুখ
কেনেকৈ জীয়াই থাকে 
এটা জীৱন্ত মৃতদেহ

নিজৰ ওচৰতে নিজৰ মূল্য হেৰুৱাই
আৰ্তনাদত হৃদয় কঁপাই
জীৱনৰ ৰ'দালি গান গোৱাটো
কিমান নিপুণ অভিনয়

কোনেও নুবুজে কাকো
কোনেও নুশুনে কাকো
দুখ বোৰ এতিয়া মুখাৰ আঁৰত
সুখ বোৰ যেন দেৱালত আঁৰি থোৱা বেনাৰ

কান্দিব খুজিও কান্দিব নোৱাৰা
এক জটিল সময়ৰ চাকনৈয়াত
ভালপোৱা বোৰ ককবকাই থাকে
এখন সঁচা হৃদয়ৰ তাড়নাত

কি যে এক উপহাস এই জীৱন...

অঙ্গন:  পৃষ্ঠাঃ 27
কাবানৰ কোঁহে কোঁহে ...

 মিন্টু (অভিজ্ঞান) বৈশ্য

তই নামিছিলি হিয়াত 
ফাগুনৰ সেই নিমাখিত সন্ধিয়াত 
তই দেখিছিলি মোৰ চাংঘৰৰ বুকুৱেদি বৈ অহা 
সেই ডোবালপিটা বৰষুণজাক
চাইছিলি একেথৰে সৌ শুকুলা আকাশ।
পানে কেনে আছ্ বুলি আজি আৰু নোসোধো দে তোক ।
(তই....)।
মই জানো পানে আজিও তোৰ বুকুত উথলি উঠে কিহৰ ঢৌ,
কিন্তু...., আমাৰ যে জাতি বৰণ নিমিলে(ঐ পানে)
সিদিনা আছিল লৃগাংৰ ৰাতি 
হিয়াত বাৰুকৈয়ে লাগিছিল পুৰাঙৰ ৰাগি
গাত সৰিয়হ ফুল যেন ৰিবিগাচেংখনি 
আৰু তাইৰ কঁকালত খুচি লোৱা চেনেহৰ গাৰে 
তাইৰ ক'লা চুলিখিনি পঃটোপখনিয়ে ঢাক দি ধৰে 
কিন্তু গুংগাংৰ সুৰতহে জানো কিয় দিচাং কঁপি উঠে !
বুকুৰ পানে মোৰ ঘনে ঘনে চকু পাতি ধৰে।
পানে ঐ.....
সোঁৱণশিৰিৰ জীয়া ধল নামি আহিছে চা
পিছে ঘূণাসুঁতিৰ সুৰে যে মোক হতাশ কৰে!
মনত পৰিছে সৌ বালিচৰত বহি কৰা জীৱনালাপ 
য'ত মুকলি হয় নিতে আমাৰ জীৱন 
ডঁৰিয়লিত পৰি ৰʼল সেই নিকৰুণ অভিজ্ঞতা 
তাতেই বাজি উঠে আজিও অতি খৰমান লান‍ং
এইবাৰ চাবি পানে সোঁৱণশিৰিৰ সোঁতে আহি দুয়োকেই সাৱটি ল'ব 
তাতে তোৰে মোৰে মৰমবোৰ জীয়া নিঃতম হৈ ৰʼব 
এইবাৰ চাবি সৌ মিৰি পাহাৰেও নাকান্দিব 
আৰু তোৰ এগে মেখেলাৰ এন্ধাৰবোৰ দূৰ হৈ যাব
পানে ঐ ফাগুনৰ সৌ নদীয়াল বতাহজাকেও 
আমাৰ কথাকেই ক'ব।
কাবানৰ কোঁহে কোঁহে তোৰে ওমোৰে প্ৰেম পানে 
কথা কবিতা হৈ ৰʼব ।

জালুকবাৰী 
৮০১১৪৯৭২৬১

অঙ্গন:  পৃষ্ঠাঃ 28
মোৰ মৰিশালিত এজোপা খৰিকাজাই ৰুৱা 

পিংকু বৰা

তুমি মোৰ মৰিশালিত এজোপা খৰিকাজাই ৰুৱা 
সঁচাকৈ কৈছোঁ।
ঠিক মোৰ বুকুতে ৰুবা,
লগতে অলপমান মৰম থৈ আহিবা যদি পাৰা,

কিয়নো তোমাৰ মৰম পাবলৈ 
মোৰ বহুযুগৰ আশা আছিল।
সপোন আছিল তোমাৰ কোলাত মূৰ থৈ
জোনাকী দেশৰ কবিতা আওৰাম,
তোমাৰ কাজল সনা দুচকুত চকু থৈ.......
প্ৰেমৰ নিতাল বন্দনাৰ সুৰ জুৰিম!

বহুত সপোন আছিল..... বহুত আশা আছিল....
প্লিজ মোৰ মৰিশালিত এজোপা খৰিকাজাই ৰুৱা,

যেতিয়া কৃষ্ণচূড়া ফুল ফুলিব ৰঙাকৈ....
জানিবা সেয়া ফুল নহয়,
সেয়া মোৰ অতৃপ্ত কলিজাৰ টুকুৰাহে ওলমিছে...
বৈ থাকিব তাৰপৰাই টোপাল টোপাল কৈ...তপত তেজৰ,....

আৰু তেজৰ লগত নিগৰি ওলাই আহিব,
নিষ্ঠুৰ প্ৰেমিকৰ‌ অপুৰ্ণ ভালপোৱা বোৰ।
প্লিজ মোৰ মৰিশালিত এজোপা খৰিকাজাই ৰুৱা...।

ঠিকনা: লক্ষিমপুৰ (অসম)
ফোন: ৯৩৯৫৭১৮১৭৪

অঙ্গন: পৃষ্ঠাঃ 29
তোমাৰ কথা যেতিয়া ভাবোঁ 

নিকি মেধি

(১)
"তোমাৰ কথা যেতিয়া ভাবোঁ
মই নিৰোত্তৰ হৈ পৰোঁ
তুমি যে এতিয়া দূৰ বহুদূৰ
পাগলাদিয়াৰ পাৰত শুনোঁ  
সপোনৰ সাতসুৰ ।।"

(২)
"তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
তোমাৰ কথা যেতিয়া ভাবো
মনৰ নিজানত চকুলোঁ সৰে ।।"

(৩)
"নিদ্ৰাবিহীন ৰাতিৰ বুকুত
সপোনৰ পজাঁঘৰ ভাঙে,
তোমাৰ সপোনৰ পাঁহে পাঁহে
মোৰ হৃদয়ৰ কোলাহল
হয়তো নুশুনা তুমি
তুমিযে এতিয়া নাই
হিয়া দিয়াহি জুৰাই
নাই তুমি যে কাষতে নাই ।'

অঙ্গন: পৃষ্ঠাঃ 30
যোৰহাট কলেজৰ ছোৱালীজনী
 
প্ৰৱীণ ৰাজবংশী
                     
প্ৰতিশ্ৰুতি আগৰ দৰে
এতিয়া নহয় সঁচা মানৱতাৰ দৰে
এসাগৰ মৰম আৰু আবেগে ভৰা
আছে এখনি হৃদয়
যোৰহাট কলেজৰ ছোৱালীজনী ৷

ভাল লাগে যেতিয়া
প্ৰতিশ্ৰুতিয়ে বিষাদৰ 
বৰষুণ জাকৰ স্বপ্নৰ 
কবিতাৰ প্ৰেমত মগ্ন হৈ
কবিতা লিখিবলৈ লয়
যোৰহাট কলেজ ছোৱালীজনী।

আছে তাই সুকীয়া মাদকতা
কেতিয়াবা বিষাদৰ গাথাঁ
কেতিয়াবা আকৌ হাঁহিৰে
উপচি পৰা এসাগৰ অনুভৱ
যেতিয়া কবিতাৰ লিখিবলৈ লয়
যোৰহাট কলেজৰ ছোৱালীজনী ৷

কেতিয়াবা লগ পালে
পাতিম দিয়া কৃষ্ণচূড়াৰ
তলত বঢ়ি জোনাকী দেশৰ
ৰসাল কবিতাৰ কথা 
ভাল লগাৰ পৰা ভাল পোৱালৈকে
যোৰহাট কলেজৰ ছোৱালীজনী (ৰাজ)৷৷

অঙ্গন: পৃষ্ঠাঃ 31
স্মৃতিৰ নীলা খাম

কমল ৰাজবংশী

স্মৃতিৰ আলমিৰাত আজিও সজাই থৈছোঁ,
সেই নীলা খামৰ আধৰুৱা চিঠিবোৰ...
য’ত লিখা আছিল হেজাৰটা নোকোৱা কথা,
আৰু এজাক বৰষুণৰ সেমেকা সুবাস।

শব্দবোৰে আজিও নীৰৱে কান্দে,
তুমি নোহোৱা চহৰখনৰ উকা গলিত...
বুকুৰ কোণত এটি চিনাকি বিষ,
যেন কোনোবা অজান দেশৰ অঘৰী পথিক।

খিৰিকীৰ সিপাৰে এতিয়াও জোনটো জাগে,
যিদৰে জাগি থাকো মই— তোমাৰ অপেক্ষাত।
বতাহ জাকে কঢ়িয়াই আনে পুৰণি গোন্ধ,
তুমি দিয়া সেই এমুঠি বকুলৰ সুবাস।

সময়ৰ সোঁতত হেৰাই যোৱা দিনবোৰ,
আজি কবিতা হৈ কাগজত সাৰ পাই উঠে...
মোৰ মৌনতাৰ মাজতো আজিও মাথোঁ,
তোমাৰ নামৰেই এটি সুৰ প্ৰতিধ্বনিত হয়।

সময়ৰ ধূলিয়ে আৱৰি ধৰিলেও,
ম্লান পৰা নাই তোমাৰ সেই মৌন হাঁহি...
আজিও মোৰ কবিতাৰ প্ৰতিটো শব্দত,
বাজি উঠে মাথোঁ তোমাৰেই সুৰৰ বাঁহী।

তুমিটো নাজানা, মোৰ প্ৰতিটো কবিতাৰ ভাঁজত,
আজিও তুমি মৌন হৈ জিৰাই থাকা...
মই আজিও লিখোঁ মাথোঁ তোমাৰ বাবে,
যদিও জানো তুমি কাহানিও নপঢ়া এই নীলা কবিতা।

অঙ্গন: পৃষ্ঠাঃ 32
ভাৱনাৰ পথাৰত

দীপ্তি মণি গোস্বামী
                                      
ভাৱনাৰ পথাৰত গজি উঠে
অসংখ্য বীজ
কোনোবা ঋণাত্মক 
আৰু 
কোনোবা ধণাত্মক।

একেখন উৰ্বৰা ভূমিত
একেই আকাশ বায়ুৰ স্পৰ্শ‌ই
কিয় আনে 
ভাৱৰ ভিন্নতা।

নিশ্চয় 
ৰ'দ বৰষুণ বায়ু সেৱনৰ কথকতা 
নহয় নে ?

ভাৱনাৰ ভিন্নতাৰ কৱলত
পৰিবেশ পৰিস্থিতিত বয় 
অনুকূল প্ৰতিকূল বতাহ ,
কেতিয়াবা 
আঠাবোৰ এৰাই যায়।

আৰু 
কেতিয়াবা 
তেজ ধুলে উটে মঙহ ধুলে নোটে বোকা
সৰল বাক্য শাৰীও 
মিছা বুলি প্ৰতিপন্ন হয়।

অঙ্গন: পৃষ্ঠাঃ 33
মন ফাগুনৰ বা

ৰুক্মিণী দাস

গুন গুন কৈ আহিলা ফাগুন
শীতৰ জঠৰতা ভাঙি,
লাজ লাজকৈ আহিলা ফাগুন 
কুঁৱলিৰ আচ্ছাদন ফালি ।।

ৰিব্ ৰিব্ কৈ আহিলা ফাগুন
বতাহ এচাটি হৈ,
কুউ কুউ কৈ কুলিয়ে মাতিব 
গছৰ ডালত ৰৈ ।।

গছ লতাবোৰ সজীৱ হ'ব
তোমাৰ পৰশতে,
ৰিম জিম কৈ আহিব বৰষুণ 
তোমাৰ সান্নিধ্যতে ।।

মদাৰ শিমলুই কান্দি আছিল 
তোমাক দেখা নাপাই,
লঠঙা গছবোৰ সজীৱ হ'ল
তোমাৰ বাতৰি পাই ।।

মাজে মাজে বৰুন দেৱতা 
দুই এজাক আনিবা বৰষুণ 
ধূলিবোৰ যাতে উৰুৱাই নিয়ে 
দেহাটি পৰিব জুৰ ।।

শ্রীহাটী

অঙ্গন: পৃষ্ঠাঃ 34
প্ৰণয়ৰ এৰা সুঁতি

যমুনা দুলু বৈশ্য
    
প্ৰেমৰ মন্দাকিনীৰে সঁজালা 
এসাগৰ ঢৌৰে 
মৰম-ভালপোৱা এনেকুৱা বুলি 
কিয় ভাবিলা --?
ৰূপালী বালিচন্দাত সিঁচৰিত
সময়ত খোজ থৈ, এদিন
জীৱনৰ মানৱতাবোধ থাকিলে
প্ৰণয়ৰ জানো শেষ হয় -?
সৃষ্টিৰ বহল পথাৰ খনিত ,
বাস্তৱ সপোনৰ অভিমান বোৰে
সোণালী আশাৰ গোন্ধ, চটিয়াই
কেতিয়াবা দুপাখি মেলি উৰিবলৈ 
মৰমত বান্ধ খাই থকা শিকলিডাল 
নৈখনে সময়ৰ সাক্ষী হৈ ৰ'ল ,
জোনাক তৰাৰ দৰে
এৰিব নোৱাৰা সম্পৰ্ক ,
এনেকৈ সান্নিধ্যৰে সাহস প্ৰেৰণা পাওঁ
পিছলি নপৰিবলৈ খোপনি পুতো
এয়া চিনাকি আপোন আলিংগন 
জেতুকা পাত মোহাৰিলে ৰং হোৱা
হৃদয়ে কেতিয়াবা নিজৰ ভিতৰতে
 এৰা সুঁতি হ'লে পাবগৈ আঘাত
উদিত জোনৰ ভালপোৱাৰ ৰহঘৰা । 

শুৱালকুছি

অঙ্গন: পৃষ্ঠা 35
তোমাতেই মোৰ চকুযোৰ

শিল্পী দাস(প্ৰিয়)

য'তে ত'তে
উৰণীয়া বতাহ 
চিনাকি সেই সুবাস
উপলব্ধ হৃদয় পৃষ্ঠাত।

ফুল-ফল আকাশ-ভূমি
য'তে ত'তে
তুমি আৰু তুমি,
তোমাতেই মোৰ চকুযোৰ 
এৰাব যে নোৱাৰি।

এন্ধাৰৰ ক'লা ভৱন
তোমাৰ পদধ্বনিৰে বিৰাজমান,
চকুলোৰ লুণীয়া নৈ
তেতিয়াও নুশুই
অপেক্ষাৰ শলিতা জ্বলি
যদিও ছাই...

সংগীত কিংবা স্ৰোতস্বিনী শব্দ
ভঙা হিয়াত বিনায়
তোমাতেই মোৰ চকুযোৰ 
সোঁৱৰণীৰ সুবৰ্ণ মায়া।

নয়নৰ দুৱাৰ মুখতেই তুমি 
তোমাৰ আকৃতি,
বসন্তৰ পাণ্ডুলিপি ডায়েৰীত 
চকুযোৰ মানেই তুমি।

হোজাই

অঙ্গন:  পৃষ্ঠাঃ 36
শব্দৰ‌ পৰিসীমা

নীলাক্ষী দত্ত 

শব্দবোৰ এটা পৰিসীমাত ৰৈ গ'ল 
যেনেকৈ নদীৰ মোহনাত শেলুৱৈৰ বুকুত ৰৈ গ'ল 
নদীৰ কথকতা...
বাংময় হ'ব খোজা শব্দবোৰে হেৰুৱায় পেলালে 
গতিময়তা, 
যি গতিত এদিন উচ্ছল তৰংগ হৈ দেওনাচ দিছিল 
যি শব্দত বাজিছিল সুখৰ ৰংশিঙা
যি শব্দই সহিছিল দুখৰ খংশিঙা
শব্দবোৰে এখন আকাশ বিচাৰিছিল....
উৰিবলৈ ঈগলৰ দৰে
চতিয়না গছৰ দৰে ওখ গছৰ সেউজীয়াত বিলীন হ'বলৈ....
হঠাতে শব্দবোৰ ডুব গৈছিল নৈঃশব্দতাত
প্ৰিয় হৈ পৰিছিল নিজৰ সৈতে আলাপ....
শব্দবোৰ এতিয়া নিজৰেই সংগী
নিজৰ মৃতদেহ কঢ়িয়াব পৰাকৈ বলী...
নিজৰ পৰিসীমাত নিজক বিচাৰি পোৱাকৈ সাহসী....
শব্দবোৰে এদিন 
কঢ়িয়াই আনিছিল শুভ বোধৰ নিৰ্য্যাস
যাৰ সুগন্ধই
তল পেলাইছিল শুভ বোধৰ আস্বাদনৰ তলত
ৰৈ যোৱা জিঘাংসাৰ গন্ধ ...
শব্দবোৰ থমকি ৰৈছিল তাতেই,
ভাল পোৱাবোৰ বুকুভৰাই উজাৰি লৈছিল 
আৰু বাচি লৈছিল নিসংগতা, নিৰ্জনতা নিজৰ বাবে....

শান্তিপুৰ, শিৱসাগৰ 
ফোন নং-- ৭০০২৫৭৭৬৩২

অঙ্গন: পৃষ্ঠা 37
গল্পঃ

শীতৰ এটা সন্ধিয়া

নৰুনা বৰুৱা

"পদুমণি, পদুমণি... কোন কোন আছে নামি আহক, নামি আহক। " বাছ কণ্ডাক্টৰ জনৰ যাত্ৰীক উদ্দেশ্য কৰি উচ্ছস্বৰত লগোৱা মাত আৰু বাছখনত উঠা-নমা কৰা কেইগৰাকীমান যাত্ৰীৰ কথোপকথনে মোৰ চিলমিলীয়া টোপনিত ব্যাঘাট জন্মালে। ঘৰলৈ বুলি কেইবাদিনো কৰা ৰেলযাত্ৰা আৰু আহিয়েই ঘৰখনত ভনীজনীৰ বিয়াৰ বাবে হ'বলগীয়া ব্যস্ততাই মোক অলপ অৱশ কৰি তুলিছে। সেয়ে বাছখনত উঠি খিৰীকীৰ কাষত বহি বাহিৰৰ দৃশ্য উপভোগ কৰি আহি থাকোতেই কেতিয়ানো মোৰ চিলমিলীয়া টোপনি আহিল, ক'বই নোৱাৰিলোঁ। হওঁতে মোৰ বাছৰ এই যাত্ৰাৰ পথছোৱা ৩ ঘণ্টামানৰহে হ'ব। মোবাইলটোলৈ চালো এতিয়া দেখোন আঠ বাজোঁ বাজোঁ। সমগ্ৰ পথছোৱাত যাত্ৰী উঠাবলৈ অ'ত ত'ত বাছখন ৰখাই গন্তব্যস্থান পাওঁগৈ মানে ৪ ঘণ্টামানেই হয়তো হ'বগৈ। বাছৰ খিৰিকীৰে বাহিৰলৈ চালো। সঁচাকৈ পদুমণি বাছ আস্থান পালোহি দেখোন। পদুমণি বাছ আস্থানটো দেখি ধাৰণা হ'ল ঠাইখন দেখোন যথেষ্ট উন্নত হ'ল। পদুমণি বাছ ষ্টপেজটো পাৰ হৈয়ে পাছৰ ষ্টপেজটোৱে হ'ল বকুলতল বজাৰ চাৰিআলি আস্থান অৰ্থাৎ মোৰ নামিবলগীয়া স্থলী। 

বহুবছৰৰ মূৰত ভণ্টিৰ বিয়া মাতিবলৈ ককাদেউতাহঁতৰ ঘৰলৈ আহিছোঁ। বিয়া মাতিবলৈ ফোন কৰিলেও হয়। কিন্তু মোৰহে বৰ মন গ'ল বহুদিনৰ মূৰত ককাদেউতাহঁতৰ ঘৰখন চাবলৈ। যদিও ককাদেউতা আৰু আইতা ইহসংসাৰৰ পৰা মেলানি মগা বহুবছৰেই হ'ল। কোৱা শুনিছোঁ এতিয়া মাথোন ডাঙৰ মামাহে ঘৰখনত আছে। বাকী মাহীহঁত বিয়া হ'ল। সৰু আৰু মাজু মামাও চাকৰি সংক্ৰান্ত লৈ অন্য ঠাইত থিতাপি ল'লে। সৰুতে মাৰ লগত প্ৰায়েই আহিছিলো। বিশেষকৈ স্কুল বন্ধৰ দিনত। তেতিয়া টাউনৰ পৰা শেষ বাছখন আবেলি দুই বঁজাত এৰিছিল। ব্যস্ততাৰ কোবত টাউনৰ ষ্টেচনটো পাওঁতে মোৰ ২ বাজি পাৰেই হ'ল। মনতে ভাবিলো - " আজি আৰু চাগৈ যাবলৈ নেপাম । কাইলৈ আগবেলাই ওলাব লাগিব।" কৌতুহলবশত: ষ্টেচনৰ কাউণ্টাৰত টিকট দিয়া কমচাৰীজনক সুধিলো- "বকুলতল বজাৰ চাৰিআলিলৈ ৰাতিপুৱা বাছ কেইবজাত যায় ?" কৰ্মচাৰীজনে ক'লে- " ৰাতিপুৱা সাত বজাৰে পৰা আৰম্ভ কৰি সন্ধিয়া ৬ বজালৈকে কেইবাখনো বাছ যায়। পাঁচ বজাত এখন যাব । সেইখনৰ মালিক মাধৱপুৰৰ । বাছখন মাধবপুৰলৈকে যাব । আপুনি গ'লে বকুলতল বজাৰ চাৰিআলিলৈকে এইখন বাছতে যাব পাৰিব। "টিকট কাউণ্টাৰৰ লোকজনৰ মুখত মাধৱপুৰ নামটো শুনি আনন্দিত হ'লো। কিয়নো মই মাধৱপুৰলৈকে ওলাইছোঁ। মনতে ভাবিলোঁ -" সুন্দৰ সুযোগ। আজিয়েই যোৱা যাওক।" মই বাছ আস্থানতে বহি মোবাইলটো চাই থাকোঁতে কেতিয়ানো এঘণ্টামান পাৰ হৈ গ'ল উমানেই নাপালো। মাজতে হোটেল এখনলৈ গৈ গৰম গৰম চাহ চিঙৰা খাই ললো। হোটেলখনৰ পৰা তিনিবিধ মিঠাই পেক কৰি ললো। কিয়নো আগতে সৰুকালত মাৰ লগত ককাদেউতাহঁতৰ ঘৰলৈ যাওঁতে বকুলতল চাৰিআলিত থকা খেৰৰ জুপুৰী সদৃশ ৰামলালৰ হোটেলখনলৈ মনত পৰিল। ভাবিলো তাত হয়তো ভাল মিঠাই পোৱা নাযাব। 

বাছখনে পদুমণি বাছ ষ্টপেজ কেতিয়াবাই পাৰ হৈ আহি বকুলতল বজাৰ চাৰিআলিত পোন্ধৰমিনিট মান ৰখালে। কণ্ডাক্টৰজনে ৰাস্তাৰ কাষত থকা ঘুমটি এখনৰ পৰা তামোল এখন লৈ চিঞঁৰিব ধৰিলে - " মাধৱপুৰ, মাধৱপুৰ । আহক..আহক...। মই বকুলতল বজাৰ চাৰিআলিটো দেখি আচৰিত মানিলো। ৰামলালৰ সেই খেৰীঘৰৰ হোটেলখন নাই। তাৰ ঠাইত এখন ডাঙৰ আধুনিক বাহিৰৰপৰা গ্লাচ লগোৱা ৰেষ্টুৰেণ্ট। ওচৰত দোকান পোহাৰৰ পৰা মাৰ্কেট কমপ্লেক্স গঢ়ি উঠিছে। মাৰ্কেট কমপ্লেক্মৰ ওপৰত বৰ বৰ হৰফেৰে জিলিকি আছে 'ভাৰতীয় ষ্টেট বেংক'ৰ বকুলতল বজাৰ চাৰিআলিৰ শাখাৰ নাম। ৰৈ আছে যাত্ৰীৰ বাবে শাৰী শাৰী অটো। সৰুতে আহোঁতে এইবোৰ নাছিল দেখোন। যথেষ্ট পৰিবৰ্তন হ'ল। আগতে মাৰ লগত আহোঁতে এই বকুলতল চাৰিআলিৰ পৰা তিনি কি. মি . মান পথ খোজকাঢ়িয়েই গৈছিলো। গৈ থাকোঁতে সৰু সৰু ভৰিকেইটা খুউব ভাগৰ লাগিছিল। সৰুতে ভাবি আচৰিত পাইছিলো বৃটিছৰ দিনৰ এজন উচ্ছপদস্থ চাকৰিয়াল হৈও ককাই অৱসৰৰ পিছত গাওঁৰ এক পৰিবশত মাটি কিনি কি ভাল পাইছিল! কিন্তু ডাঙৰ হৈহে পাছত উপলদ্ধি কৰিলো, তেওঁ আচলতে নিজৰ অসমীয়া সমাজত শেষৰ সময়খিনি কটাব বিছাৰিছিল। মাধবপুৰ গাওঁতেই থাকি ককাই ৰোপন কৰিছিল কেইবাবিঘা কমলাৰ খেতি। আৰম্ভ কৰিছিল চাহবাগান। বকুলতল চাৰিআলিৰ পাৰা ককাদেউতাহঁতৰ ঘৰ পাওঁগৈমানে ভালকৈয়ে এন্ধাৰ হৈছিল। ককাদেউতাৰ ঘৰত পাঁচটামান কুকুৰ আছিল। কুকুৰকেইটা আমাৰ বাবে চিনাকি নাছিল । সেয়ে ঘৰৰ পদুলি পালেই পাঁচটা কুকুৰৰ ভুকভুকনি বাঢ়িছিল। তাতে বিজুলীৰ পোহৰো নাছিল। পাছত মামাহঁত ওলালতহে কুকুৰ কেইটা ক্ষান্ত হৈছিল। গাওঁখনৰ বয়সস্থ লোকসকল ককাৰ ওচৰলৈ প্ৰায়েই আহিছিল। বিভিন্ন বিষয়ত ককাৰ লগত আলোচনা কৰিছিল। গাওঁৰ লোকসকল আহিলে প্ৰায়ে চৰাঘৰৰ পৰিৱৰ্তে জুহাল থকা কোঠাতহে বহিছিল। এদিনাখন সন্ধিয়া গাঁওৰ কেইবাজনো বয়োবৃদ্ধ লোকৰ সৈতে ককা জুহালত বহি বিভিন্ন বিষয়ত কথা পাতি আছিল। শীতকালৰ দিন। সেয়ে জুহালৰ জুইৰ উত্তাপ লৈ ময়ো মনে মনে বহি আছিলো। ঘৰখনত সৰু ল'ৰা একমাত্ৰ ময়েই আছিলো। কিয়নো মাহীহঁত বিয়া হ'লেও মামা তিনিজন তেতিয়া অবিবাহিত আছিল। সেয়ে সকলোৰে পৰা মৰম পাইছিলো। ককাহঁত জুহালত কথা পাতি থাকোঁতেই কুকুৰকেইটাৰ অদ্ভুত ধৰণে ৰাউচি মৰা চিঞঁৰ শুনা গ'ল। গাঁওৰে ককা এজনে ক'লে - "কুকুৰে এনেদৰে ৰাউচি জুৰি চিঞঁৰাটো বেয়া দেই।" ককাৰ কথাখিনি শেষ হৈছেহে তেনেতে পুৰুষ কণ্ঠৰ খোলা হাঁহি এটাৰ লগতে টানকৈ বজোৱা হাত চাপৰি শুনা গ'ল খোলা দুৱাৰখনৰ ওচৰৰ পৰা। ককাই ডাঙৰকৈ ক'লে - "তই হে আহিছ'। যা যা। '' অকমানদেৰি সকলো মৌণ হৈ ৰ'ল। মই ককাক সুধিলো- "কোন আছিল ককা ?" ককাই ক'লে:-"গ'লগৈ নাহে আৰু।" গাঁওৰ এজন ককাই ক'লে :-- "বৰ বেয়া হ'ল দেই। বৰ দুখলগা কথা । ইমান ৰঙীয়াল ল'ৰাটোৱে এনে কাম কৰিব পাৰে বুলি কোনোবাই ভাবিছিলে জানো ?" ককাই কথাৰ ফালৰি কাটি ক'লে- "হ'ব দে। সেইবোৰ কথা থাওকচোন এতিয়া।" ককাহঁতে অন্য কথা আলোচনা কৰিবলৈ ল'লে। মই ককাহঁতৰ ঘৰলৈ গ'লে প্ৰায়ে আইতাৰ লগত শুইছিলো। সেইৰাতি মই আইতাক কৈছিলো- " আইতা, আজি জুহালত কোনোবাই আমি নেদেখাকৈ হাত চাপৰি বজাই হাঁহিছিল। "আইতাই কৈছিল:-" মইনা ৰাতিখন যি টি কথা পাতিব নেপায়। শুই থাক।" দিনটো খেলধেমালিৰ অন্তত মোৰ ভাগৰুৱা শৰীৰে সোনকালেই আইতাৰ সৈতে বিছনাত টোপনিত লালকাল হৈছিলো। 

পাছদিনা গাঁওখনৰে চুবুৰীয়া তথা মোৰ কাণসমনীয়া নিতুলৰ সৈতে খেলি থাকোঁতে নিতুলক কলো:--" অই নিতুল , যোৱাবাৰ যে আমি নৈ কিনাৰত পকা বগৰী চিঙিছিলো। ব'ল আজি চিঙিবলৈ যাওঁ। পকিছে কিজানি।"

নিতুলে ক'লে-" ৰাম ৰাম তই নেজান ! মনোজ ককাইদেউ সেই নৈ কিনাৰৰ ওখ গছ এজোপাত এসপ্তাহ আগতে চিপজৰী লৈ ঢুকাল। মই হ'লে যোৱাত নাই। গাঁওৰ মানুহ কিছুমানে মনোজ ককাইদেউৰ আত্মাক দেখা পাইছে বোলে। গৰখীয়া এজনে নৈ কিনাৰত মনোজ ককাইদেউক বহি থকা দেখা পাই সিপুৰী হ'বলগীয়া হৈছিলেই। বেজেহে ঠিক কৰিলে। কাৰোবাৰ ঘৰত বোলে হাত চাপৰি বজাই হঁহাও শুনিছে। " নিতুলৰ কথা শুনি মোৰ ভয়তে হাত ভৰি কঁপিবলৈ ধৰিলে। তাৰমানে যোৱানিশা জুহালত মনোজ ককাইদেউৰ আত্মাৰহে হাঁহি আৰু হাতচাপৰি আছিল। সেয়েহে ককাদেউতা আৰু আইতাই কথাৰ সুৰ সলনি কৰিছিল। মনোজ ককাইদেউ দেখোন বেচ ৰঙীয়াল ডেকা ল'ৰা আছিল। ককাৰ লগতো ইমান ভালকৈ কথা পাতিছিল। মোকো দেখোন ইমান মৰম কৰিছিল। কথাৰ মাজে মাজে মনোজ ককাইদেউৱে দেখোন হাত চাপৰি বজাই হাঁহিছিল। মই থৰ হলো। নিতুলে কৈছিল:-"সন্ধিয়া হ'ব এতিয়া। ঘৰলৈ ব'ল।" নিতুলৰ কথা শুনি দুয়ো ঘৰমূৱা হৈছিলো। সেইনিশা মোৰ টোপনি অহা নাছিল। মাক মই কুটুৰিছিলো যে ককাৰ ঘৰত নাথাকো। দেউতালৈ মনত পৰিছে বুলি। সকলোৱে আচৰিত হৈছিল মোৰ কথা শুনি। পাছদিনাই মোক মাই ককাহঁতৰ ঘৰৰপৰা আহিবলৈ বাধ্য হৈছিল। সেইদিনৰ পাছত আৰু মই ককাহঁতৰ ঘৰলৈ যোৱা নাই । আৰু আজি বহুবছৰৰ মূৰত ককাহঁতৰ ঘৰলৈ আহিছোঁ। হঠাৎ বাছখন ৰৈ গ'ল । বাছৰ কণ্ডাক্টৰজনে ক'লে -" দাদা বিক্ৰম বৰুৱাৰ ঘৰ এইটো। " মই ইমানদেৰি ভাৱসাগৰত বিভোৰ হৈ আছিলোঁ। কণ্ডাক্টৰৰ কথাতহে সম্বিৎ ঘুৰাই পালো। বাছৰপৰাই ঘৰটোলৈ চালো । গেটখনৰ পৰা যথেষ্ট দূৰৈত এটা সুন্দৰ দুমহলীয়া ঘৰ। আগফালে থকা গেৰেছটোত দুখন গাড়ী। বিজুলীৰ পোহৰেৰে উজ্বল বাটৰ পথ । এতিয়া আগৰ সেই দিন নাই। বাছৰ পৰা মই লাহেকৈ নামি আহিলো।

অঙ্গন: পৃষ্ঠা 38
খৰিকাজাঁইৰ গোন্ধ

এমিলী ফুকন 
                                              
ঐ দাদা দে না মোকো এথোক...
:- না মোক ককাই আনি দিছেহে।
:-অও ককা মোকো দিয়ানা এথোক আনি। দাদাই নিদিয়ে মোক।
:-ৰ'বা আইতু আনি দিছোঁ।
লতাখিনি গুচাই লৈ কপালফুটাৰ থোক কেইটামান লৈ আনিলে ককাকে। কোনো কোনোৱে বোলে ফুটকি বুলিও কয় কিন্তু তাৰ কপালফুটা বুলি কৈয়েই ভাল লাগে।সেইকেইটা পাই তাইৰ কি যে স্ফূর্তি। তেওঁ নিজেও এটা লৈ মূৰত ফুটাই দেখাইছে। খুৰাকৰ অকণমানি ছোৱালীজনীয়ে খিলখিলাই উঠিছে তাকে দেখি। ডাঙৰ পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ সৈতে সপৰিয়ালে আহিছে।ঘৰখন একেবাৰে গিজগিজাই আছে এইকেইদিন। মুখত হাঁহি এটা বিৰিঙাবলৈ এয়াই যথেষ্ট।নাতিয়েককেইটাৰ সৈতে বেলি পৰাৰ সময়ত ককাক ওলাই আহিছে গৰু নিবলৈ বুলি।
:-ককা ভণ্টিৰ কিন্তু অভ্যাস হৈ যাব দেই সদায় দি থাকিলে। তাই কিবা কেঁচুৱা নেকি ?
:-কেইদিননো থাকিব তাই ইয়াত ? যি বিচাৰে তাকেই লওঁক দে সোণটো।
 সি আৰু একো নক'লে। ভনীয়েকে তালৈ টেলেকাকৈ চাইছে। কলমৌ পাতৰ আঁৰত দেখা সোণালী পৰুৱা দুটা দেখি সাউতকৈ এচাৰিডাল পেলাই পুলটোৰ কাষ চাপি গ'ল ঋষভ। খুব সাৱধানে পাতৰ সৈতে পৰুৱা দুটা লৈ আনিলে। সিহঁতৰ অনিষ্ট কৰিবলৈ নহয় ভনীয়েকক দেখাবলৈ । কিয়নো তাই জন্মৰে পৰা চহৰতে আছে।সিহে বাৰ বছৰ ইয়াতেই থাকিল তাৰ পিছতহে মাকহঁত চাকৰিসূত্ৰে চহৰলৈ গুচি গ'ল। গ'ল যি গ'ল একেবাৰে ঘৰ-বাৰীও কৰিলে তাতে।মাজে মাজে অৱশ্যে দুয়োখন ঘৰৰেই আহ -যাহ চলি আছে।দূৰত থাকিলেও আন্তৰিকতা কমা নাই। তাৰ কিন্তু মনটো ইয়াতেই থাকি গ'ল। ককাক-আইতাকেও বৰ এটা ভাল নাপায় তাত। ইয়াৰ দৰে মুকলিকৈ ওলাই যোৱা, আনকি বোলে শান্তিৰে উশাহকণো ল'ব নোৱাৰোঁ বুলি কয়। হয়তো সৰুৰে পৰাই এনেকুৱা মুকলি পৰিৱেশত ডাঙৰ হোৱাৰ বাবে ভাল নাপায়। 
ভনীয়েকে সোণালী পৰুৱা বা কোনো কোনোৰ মতে সোণ পৰুৱা দুটা দেখি জপিয়াই উঠিছে। একেবাৰে সোণৰ নেকি বুলি সুধিছে ককাকক। তেওঁ তাৰ লগত ৰজিতা থকা সাধু এটা আইতাৰক সুধিবি বুলি সুযোগতে কৈ থলে।সোণালী পৰুৱাক লৈও যে বিহুনাম আছে তাই আজিহে গম পালে বৰবিহুৱা খ্যাত ককাকে কলিটি আওৰায়েই দিলে।
"চাপৰি চাপৰি যাবা
 ৰজাই বঁটা দিয়া সোণালী 
কিনো মাছ মাৰিবৰ এলেং ঐ পৰুৱা
 কিনো মাছ মাৰিবৰ এলেং 
সোণালী পৰুৱা শিপিনীৰ টোলোঠা 
কাটোতে লাগিব চেলেং...."
অনৰ্গল ওলাই অহা বিহুনামবোৰ মন ভৰি যোৱাকৈ শুনিছে সিহঁতে।আগতে তেওঁ প্ৰায়েই বিভিন্ন নাম আৰু কাহিনী কৈ থাকে তাৰ আগত। আজি আকৌ এবাৰ মনত পৰিল তাৰ।
খলখলাই উঠা পুলটোৰ পানীখিনিলৈ চালে অন্য সৰু-সুৰা মাছৰ লগতে গৰৈ মাছৰ পোনা এজাক পাৰ হৈ গৈছে। চাই আছে একেৰাহে সি। মাছৰ পোনাজাকক দেখি তাৰ কত কি যে কথা মনলৈ আহিছে। এবাৰ পোনাখিনি মনৰ চখতে ধৰাৰ বাবে দেউতাকৰ পৰা মাৰো খাইছিল। বুজি পোৱাৰ পিছত আৰু পোনা মাছ নধৰে সি। ইমানেই নিজৰ মাজত মচগুল আছিল সি ভনীয়েকৰ চিঞৰতহে আঁতৰি আহিল তাৰপৰা। গাঁৱলৈ আহিলেই যে সি ল'ৰালিৰ স্মৃতি ৰোমন্থন কৰিবলৈ লাগি যায়। খন্তেকলৈ পাহৰি যায় সকলো। 
এটোপাল বৰষুণ পৰিলেও আইতাকে কোৱা ধূলিয়ৰি গোন্ধটোৰ উমান ল'ব খোজে সি। সেই যে বাৰিষা ডাঙৰ বৰষুণ দিলেই চোতালত কাৱৈ মাছ নাচি নাচি ওলাইহি। হাতত ফুটিলেও সি ধৰিবলৈ নেৰে।খোৱাতকৈ ধৰাৰ চখটো বেছি। সমনীয়া জিতুহঁতৰ লগত একেলগে সাঁতুৰিবলৈ যোৱা, বাৰীয়ে বাৰীয়ে ফলমূল খাই ফুৰা,‌খেৰৰ দমত জপিয়াই ৰাতি মিঠাতেল সানি দিয়া, খাল-পুখুৰীত বৰশী বোৱা এই সকলোবোৰ ভাঁহি আহিছে। কঠীয়া সিঁচিলে মৈখনত উঠি গান গাই গাই সি অদ্ভুত কিবা এটা মাদকতা পাইছিল। আৰু পথাৰত হাল বোৱা গৰুহালৰ পিছে পিছে গৈও যি আনন্দ পাইছিল আজি যেন এইবোৰ ক'ৰবাতে হেৰাল!
তাতকৈ বাৰ বছৰ সৰু ভনীয়েকে কিন্তু তাৰ দৰে ইমান উপলব্ধি কৰিব নোৱাৰে। যিমানখিনি সি বা খুৰাকৰ ল'ৰা-ছোৱালী দুটাই পাৰে। খুৰাকৰ চাৰি বছৰীয়া ছোৱালীজনীয়ে কৈ দিব পাৰে বেলিটো খুব ৰঙা (তাইৰ ভাষাত লঙা) হৈ মনোহৰ ককাৰ ঘৰৰ বাঁহনিখন পালেগৈ ককাকৰ লগত গৰু আনিবলৈ যাবৰ সময় হয়। পিটনিত ডাউকে চিঞৰিলে যে তাইৰ নমো কৰিব হয়। কেনেকৈ আৰতি কৰে তাকো মাকক অনুকৰণ কৰিব পৰা হ'ল তাই। সঁচাকৈ শিশুৱে কম সময়ৰ ভিতৰতে সকলো আয়ত্ব কৰিব পাৰে। সেয়ে পৰাপক্ষত সিহঁতৰ আগত ভাল কথা, ভাল কাম কৰিব লাগে। পিছলৈকে নহ'লে এই অভ্যাস কিছু হ'লেও থাকি যায়।
আগৰ দিনত যেনেকৈ বেলি চাই সময় নিৰ্ণয় কৰিছিল সৰু ল'ৰা-ছোৱালীবোৰেও যে এইদৰে ভাবিব পাৰে সি এইবাৰহে যেন বুজিলে! হাঁহি উৰুৱাই দিছিল সকলোৱে কথাবোৰ। কিন্তু তাৰ মনত যেন কথাটোৱে এতিয়াও প্ৰতিক্ৰিয়া কৰি আছে।
লাহে লাহে যে সি বিয়া পতাৰ বাবে উপযুক্ত চফল ব্যক্তি হৈছে কথাটো আইতাকৰ চকুপানী দেখিহে যেন বাৰুকৈয়ে উপলব্ধি কৰিছে। মানুহটোহে ডাঙৰ হৈছে কোনোবাখিনিত মনটো সৰু হৈয়েই আছে যেন! শৈশৱৰ স্মৃতি কঢ়িয়াই ফুৰা মানুহে মনৰ সৰলতাখিনিক আঁতৰাই পঠিয়াব নোৱাৰে। সেয়ে হয়তো এইবোৰে পৰোক্ষভাৱে প্ৰভাৱ পেলায় জীৱনৰ কিছুমান পৰিস্থিতিত। বেছিকৈ সি মিচ কৰে ককাক-আইতাকৰ লগত পাৰ কৰা মূহূৰ্তবোৰ। আৰু আছে এগৰাকী বিশেষ ব্যক্তি যাক সি জনা হোৱাৰে পৰা বুকুত সামৰি ৰাখিছে। কিন্তু ব্যক্ত কৰিবলৈ যেন সাহসেই কৰিব পৰা নাই।
তেওঁ তাৰ গালত হাত ফুৰাই কয়-
:- চাওঁতে চাওঁতে বৰ এটা হ'লি অ' সোণটো। তোক পিঠাগুৰি, ভীমকল খোৱাই ডাঙৰ কৰাই মনত আছে। এতিয়া গোটেইটো দাঢ়ি-গোঁফ গজিল! কলেজত পঢ়িলিগৈ । আমাৰ মাকণো কলেচলৈ (কলেজলৈ) গৈছে নহয়।
কেনেবাকৈ তোৰ আক' ভালপোৱা চালপোৱা হৈছে নেকি ? তোলৈ কিন্তু আমাৰ মাকণকহে চাই থৈছোঁ দেই।
এইষাৰ কথা মনতেই থলে তেওঁ।
"মাকণ" 
আস্ নামটো শুনিয়েই মনটো ভৰি পৰিল তাৰ। এইজনী মাকণ যাক সি আজিও বুকুৰ একোণত সাঁচি ৰাখিছে। তাইৰ দুডলীয়া বেণী, লেডী বাৰ্ড চাইকেলখন, বেছিকৈ কথা কৈ কৈ কাহানিও মুখ নিবিষোৱা মাকণ। ভয় বোলা বস্তুটো যেন অলপো নাই তাইৰ। মাকলৈ কেৰেপকে নকৰে। মাৰ খাইও যেন লাভ নাই তাইৰ। তাই একমাত্ৰ সমীহ কৰে তাৰ আইতাক লৈ। তেওঁৰ অবাধ্য নহয় তাই কেতিয়াও।
সন্ধিয়া বিয়পি পৰা গোন্ধটো তেনেই চিনাকি তাৰ।আইতাকে ৰোৱা খৰিকাজাইজোপাৰ গোন্ধ। সি কেতিয়ানো খৰিকাজাইজোপাৰ কাষ চাপি গ'ল গমকেই নাপালে। মনে মনে হাঁহি উঠিল অথনিতে আইতাকে কোৱা কথাবোৰ শুনি। তেওঁ কলেজত পঢ়ি আছে বুলিয়েই ভাবে তাক। সি যে এতিয়া কৃষি বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেওঁ নাজানে। তেওঁৰ মতে পঢ়ি আছে মানে সি কলেজত পঢ়ি আছে। হায়াৰ চেকেণ্ডেৰী পৰীক্ষালৈকে দিলে যেতিয়া বাকীখিনি কলেজেই হয় তেওঁৰ বাবে। ইমান হিচাপনো কিয় লাগিছে তেওঁক ? সি খুঁটি খাব পৰা হৈছে আৰু কি লাগিছে ?
মুঠতে ল'ৰাটো মাকহঁতৰ পৰাও দূৰত এতিয়া। সি মাজে মাজে খুৰীয়েকহঁতলৈ ফোন কৰিলে আইতাকক ফোনটো দিবলৈ কয়। কাণেৰে আজিকালি কমকৈ শুনাৰ বাবে তেওঁ কথা পাতি বেয়া পায়। তথাপি সি ফোন কৰিলে মনৰ হেঁপাহত কথা পাতে ।আদৰৰ মহঙা দিনত যে এতিয়া মনৰ কথা পাতিবলৈ মানুহৰ অভাৱ। সি যে হেঁপাহত পাতিবলৈ বিচাৰে তাতেই মন ভৰি পৰে তেওঁৰ। কি খাইছে, কেনেকৈ আছে, কি কৰিছে এইবোৰ চিন্তাৰে বুকু ভৰি থাকে তেওঁৰ। যাওঁ বুলিও যাব নোৱাৰে তেওঁ। গাড়ীত উঠিলেই মূৰ ঘূৰোৱা, বমি হোৱা কাৰণেই তেওঁ একেবাৰে দৰকাৰ নহ'লে নাযায়।
এইটো বয়সতো সিহঁত‌ আহিব বুলি ক'লে গা 
সাতখন-আঠখন হয় তেওঁৰ। বাৰীৰ‌ ফল-মূল, শাক-পাচলি আদিকে ধৰি মাছ-পুঠি বিচাৰি ফুৰে। ককাককো তত্ নোহোৱা কৰে। তাৰ দেউতাকে চাকৰিৰ বাবে ঘৰ এৰি চহৰত থকাৰ দিনৰ পৰা যেন সলনি হ'ল মানুহ গৰাকী। সেয়ে মাজে সময়ে সিহঁত আহিছে বুলি ক'লেই ভৰপূৰ কৰি ল'ব খোজে সময়বোৰ। বিশেষকৈ তাৰ প্ৰতি আদৰকণ যেন আৰু বেছি। ভনীয়েকে কিন্তু তাৰ দৰে ইমান লাগি নাথাকে।তাইৰ গাটো দোষ নিদিয়ে তেওঁ তাই সৰু থাকোঁতেই দেখোন আঁতৰি গ'ল ঘৰৰপৰা। কিন্তু বুকুৰ মাজত বাৰটা বছৰ সামৰি লোৱা ল'ৰাটোৰ আইতাকৰ উপৰিও মাকো হয় কোনো ক্ষেত্ৰত তেওঁ।
কথাবোৰ ভাবি থাকোঁতে ওচৰতে কাৰোবাৰ উপস্থিতিৰ উমান পাই ঘূৰি চালে সি।মুখত তামোল পকতিয়াই এইফালে আহিছে। লগত এইজনী মাকণ নহয়নে ?এইজনী এই কেইবছৰতে ইমান সলনি কেনেকৈ হ'ল ! সি ই‌য়ালৈ নহা দিনৰ হিচাপ কৰিবলৈ ধৰিলে। তাইৰ দীঘল চুলিকোচা বেণী গুঠি থৈছে।বিয়াগোম ক'লা মোচৰা ফেঁটীসাপৰ দৰেই লাগিছে।
:- সোণটো এইজনীক চিনি পাইছ নে ? আমাৰ মাকণ আক'। অই সোণ দাদাৰৰ কথা সুধি থাক নহয় এতিয়া সাক্ষাৎ মানুহটোৱেই আহিছে।এইয়ো এতিয়া কলেচত (কলেজ) পঢ়ে নহয়। হ'ব ময়েই পেকপেকাই নাথাকো।মাকণ সোণৰ লগত কথা পাত মই অকণমান খোজ কাঢ়ি লওঁ। এইজনীয়ে লাজ কৰিছে হেৰৌ তোলৈ। সৰুৰেপৰাই একেলগে ডাঙৰ-দীঘল হ'ল এতিয়া কিহৰ লাজ কৰিব লাগে ? কথাখিনি কৈ গেটখনৰ ওচৰলৈকে তেওঁ আগুৱাই গ'ল।
তাইৰ গাৰ পৰা ওলোৱা তগৰফুলীয়া সুগন্ধিয়ে যেন মোহাচন্ন কৰি পেলাইছে তাক। ঘিটমিটীয়া আন্ধাৰতো তাইৰ ৰূপ-লাবণ্য জিলিকি উঠিছে।মাখনৰঙী দেহত পৰিধান কৰা ৰঙা ফ্ৰকটোৱে যেন সুৱগা চৰাইছে। তাৰ অকণমানি পৃথিৱীখন যেন উদ্ভাসিত কৰিবলৈ এয়াই যথেষ্ট। প্ৰত্যুত্তৰত তাইৰ পৰা আদায় কৰিছিল এটি বসন্তমুখী কোমল হাঁহি। তাৰ চিনিয়ৰ চুলেমান দাৰ কাহিনীৰ অপৰাহ্নৰ ষোড়শী নাৰীৰ চৰিত্ৰটোও ঠিক এনেকুৱাই আছিল নেকি বাৰু ?
:-ভাল তোমাৰ ?
:-ভালেই আছোঁ মই। তোৰ খবৰ কচোন ?
:-আছোঁ এতিয়া দেখাৰ দৰেই।
এতিয়া দেখাৰ দৰেই মানে কি ক'ব খুজিছে তাই ! এবাৰতো ফোন কৰিব পাৰে আইতা-খুৰীহঁতৰ পৰা। কিন্তু নাই মোলৈ মনত পৰিলেহে ?আমাৰ ঘৰলৈ ইমানকৈ মতাৰ পিছতো নগ'ল। আনকি ভণ্টীৰ তুলনী বিয়াত মাতোতেও মাককহে পঠিয়ালে।
তাইৰ মনতো একেই প্ৰশ্ন।ইমানেই যদি খবৰ লবলৈ মন আছিল সৰু বৰমাৰ পৰা নাম্বাৰটো ল'ব পাৰিলেহেঁতেন। ক'ত মনত ৰাখিব মোক ? ডাঙৰ মানুহ এতিয়া চাকৰিৰ প্ৰস্তাৱো আহিছে যেতিয়া মোক নিচিনাজনীক মনত থোৱাৰ প্ৰয়োজন নাই।
প্ৰয়োজন আছে মোৰ তই নক'লেও। বহুত ছোৱালী লগ পালোঁ কিন্তু তোৰ লগত পাৰ কৰা সময়বোৰৰ লগত তুলনা কৰিব পৰাকৈ একো নাপালোঁ। পঢ়া পঢ়াকৈ পঠিয়ালো বহুকেইটা বসন্ত।অহা বছৰলৈ সকলো ঠিক হোৱাৰ পিছত মই নতুনকৈ ভাবিম কিছুমান কথা।
:- সোণ দা এনেকৈ চায়েই থাকিবা নে কিবা কবা ?
সময় বাগৰি গ'লেও স্মৃতিবোৰ ৰৈ যায় বুকুত। সি কোনো কোনো ক্ষেত্ৰত গতিশীল হ'ব নোখোজে। থাকি যায় হিয়াৰ একোণত।তই সদায়েই এটা ভাললগা সময়ৰ মধুৰ স্মৃতি বা সপোন বুলি নকওঁ, কিন্তু এই খৰিকাজাইৰ গোন্ধটোৰ দৰেই ধুনীয়া মনেৰে সুবাস বিয়পাব পৰা গৰাকী।
:- একো নাই অ' চাইছো তোক।
:- আগতে দেখা নাছিলা মানে মোক ? নে কিবা মোৰ ওপৰত গৱেষণা কৰিবা ? গৱেষণা কৰা মানুহ যে ক'ব নোৱাৰি।
খিলখিলকৈ হাঁহি কৈ উঠিল তাই। তাইৰ হাঁহিত 
মুকুতা-মণি নসৰিলেও তাৰ মনৰ মাজত কিন্তু ঢৌ তুলিব পৰাকৈ যথেষ্ট।
:- আগতেও দেখিছিলো কিন্তু এইদৰে খৰিকাজাইৰ সুগন্ধিৰ মাজত লগ পোৱা নাছিলোঁ ন ? আৰু আগতকৈ বেছি কথা ক'ব জনা হ'লি !
 :- আগতে কি নকৈছিলোঁ নেকি কথা ? তোমাৰ মনত পৰেনে সেই যে আইতাই ধান বঢ়াই থকাৰ দৃশ্যটো, আমি যে উফাই পৰি ফাটি যোৱা ভাতৰ দৰে কোমল হোৱা চাউলকেইটা কুটি কুটি খাইছিলো।
:- আছে আছে পঢ়িবলৈ পাম বুলি টেবুল লেম্পটোৰ ফিটা জোৰকৈ বঢ়াই চিমনিটো একেবাৰে ক'লা কৰি পেলাইছিলো আৰু এই বুদ্ধি দিছিল মাকণ মহোদয়াই।পঢ়াতকৈ চোতালত বহি আইতাকৰ মুখৰ পৰা কিংবদন্তীমূলক কাহিনী আৰু সাধুবোৰ শুনিবলৈ বেছি ব্যাকুল হৈ পৰিছিলো তেতিয়া।টিংকল, ৰংমন, মৌচাক, সঁফুৰাৰ মাজতে যেন হেৰাই গৈছিলো। কেতিয়া নতুন মাহ সোমাব বুলি ৰৈ আছিলোঁ জান।
:- নিজৰ স্কুলৰ কিতাপৰ মাজত সোমোৱাই পঢ়ি থকাৰ বাবে মাৰ পৰা মাৰ খাইছো ময়ো। 
:- বদমাচিবোৰ কমালি নে এতিয়াও একেই আছে।
:- বয়সহে বাঢ়িছে এইবোৰ আধা কমিল কিন্তু একেবাৰে এৰি দিয়া নাই।
:-এইজনীৰ কথা শুনাচোন।
অকপটে সিহঁতৰ ল'ৰালিৰ কথাবোৰ মনলৈ আহিছে তাৰ। স্মৃতিৰ টোপোলাটোৰ প্ৰতি যেন খৰিজাকাইৰ গোন্ধটোতে বেছিকৈ হেঁপাহ জাগিছে। তাইৰ হাত দুখন তাৰ বুকুত ৰাখি ক'বলৈ মন গৈছে বহু অব্যক্ত কথা। তাৰ সাক্ষী কেৱল সি আৰু তাৰ ডায়েৰীখন। কথাবোৰ নক'লে বহুত কিবাকিবি ঘটি যাব পাৰে হয়তো।
:-কি কৰি আছ অ' তহঁতি ? মহে কামোৰা নাইনে ?এইসোপাৰ উৎপাতত নোৱাৰি ক'তো শান্তিৰে থাকিবলৈ। বুঢ়ী তেজসোপা খাইনো কি পাব অ' ইহঁতি ?
:-আইতা তুমিও যে আৰু কি কি যে কথাবোৰ কৈ থাকা!মহে হ'বলা বুঢ়া-ডেকা চাই তেজ খাব?
:- ইস্ থ থ এতিয়া হাঁহিব নালাগে। মন চন মাৰি থকাৰ কাৰণে কথাটো এনেইহে ক'লো। কিহৰ কাৰণে মন মাৰি আছ ?
:-মন মৰা নাই মনত পেলাইছো আগৰ কথা।
:- মহৰ কামোৰণি খাই এইবোৰ মনত পেলাব নালাগে। কাইলৈ এপাক ওলাই যাবি তাতেই পাতিবি মন খুলি। পিছে এটা কথা কচোন আগৰ দৰেই মৰম-চেনেহ, আদৰবোৰ আছেনে তহঁতৰ ?
:- নাথাকিবলৈ আমি একো পাহৰা নাই নহয় আইতা।
:- তেন্তে আকৌ আগৰ দৰে থাকিব বিচাৰ নে ?
:- মানে!
দুইটাই সমস্বৰে চিঞৰি উঠিল।
:- এইকেইটা বুঢ়ীমাৰে কলা বুলি ইমান চিঞৰিছ কেলেই ? মই আগৰ দৰে থকা মানে ওমলিবলৈ কোৱা নাই। বিয়া পাতি দিম ভাবিছোঁ মই জীয়াই থাকোঁতে দুইটাকে। যদি তহঁতৰ আপত্তি নাই একো।তোৰ আক' চহৰত কোনোবা আছে নেকি ?
:- কোনোবা থকা হ'লে তোমাক নক'লোহেতেন নে মই ? 
:- এইজনীৰ বেলেগ নাই বুলি জানো।
:- বেলেগ নাই মানে ?
:-এটাই আছে অ' সেইটো তাইৰ সোণটো দা। কিন্তু মুখ খুলি ক'ব নোৱাৰে।
:-আইতা আপুনি এইবোৰ কি কৈ আছে!
:- যিবোৰ কথা মনতেই সাঁচি ৰাখিছ মই তাক সঠিক সময়ত কৈ দিছোঁ।
:-তুমি যে কিমান উপকাৰ কৰিলা মোক আইতা। নহ'লে নিজকে কষ্ট দি আনৰ সৈতে গুচি গ'লহেঁতেন তাই।নিজেইতো কষ্ট পালেহেঁতেন লগতে মোকো জানো এসোপা কষ্ট জাপি নিদিলেহেঁতেন তাই ? উফ্ ইমানতে যে সকলো ঠিকেই থাকিল।
:-মই মাৰ-দেউতাৰহঁতক সেইকাৰণে লৰালৰিকৈ মাতি পঠিয়াইছো। তাইৰ ঘৰত বিয়াৰ কথা চলিছে। তই থাকোঁতে কোনোবা বেলেগৰ হাতত মোৰ ছোৱালীজনীক গটাম নে ? তাইৰ আনে যি কয় সেইটোৱেই হয়ভৰ দিয়া স্বভাৱ। আন চব কথাতে তাই মাত মাতিব পাৰে কিন্তু নিজৰ কথা হ'লে নোৱাৰে। হেৰৌ নিজৰ সমস্যাও সমাধান কৰিবলৈ শিক। কাৰো কথা শুনিবলৈ নাই আৰু মই।ইমানদিনে সকলোৰে ইচ্ছা পূৰণ কৰিবলৈ চালোঁ কাকো একো বিচৰাও নাই। কিন্তু আজি প্ৰথমবাৰৰ বাবে কিবা এটা বিচাৰিছোঁ সিহঁতে দিবই লাগিব। নিদিলেও মই লমেই সেয়া।
:- ইমান দম আমাৰ মহাৰাণীৰ ?
:- আচল দম দেখাই নাই নহয় তহঁতি।
:- ককা চাগে একেবাৰে ফিডা হৈ গৈছিল ন ? 
:-যাহ এইটো।
আশীৰ দেওনা চুওঁ চুওঁ হোৱা আইতাৰ মুখতো সেই গাভৰুৰ সময়ত দেখা পোৱা লাজৰ আভাকণে স্পৰ্শ কৰিলেহি।
সি জোকাই সেই সুযোগ নেহেৰুৱালে। তাই মাথোঁ লগতে মিচিকিয়াই আছে।
:-আৰু এটা কথা আমি দুটা এহাল প্ৰেমিক পক্ষী, এহাল ল'ৰা-ছোৱালী বুলি ভাব। ধনী-দুখীয়া, সামাজিক প্ৰস্থিতি এইবোৰ চাই নাথাকিবি।
:-মুখেৰে ক'বলৈ বৰ সহজ কিন্তু কৰিবলৈহে টান।
:-মই যদি কওঁ আমাৰ এই সম্পৰ্কটো আৰু বেছি দৃঢ় কৰিবলৈ আমি এক হ'ব বিচাৰোঁ হ'বিনে ? বিশ্বাস, মৰম-ভালপোৱা, বুজাবুজি, সন্মান, গুৰুত্ব, আদৰ-যত্ন এই সকলোবোৰ থাকিব। 
:- কিন্তু!
:- আজি একো নক'বি তই।আমাৰ মাহঁতে কি ক'ব তাকেই ভাবিছ ন ?তোৰ দৰে এজনী সকলো দিশতে পাকৈত ছোৱালীক না কৰাৰ কথা থাকিব পাৰে নে ? তাতে আইতাৰ নয়নৰ মণি। 
:-আইতাৰ নয়নমণি হ'লে হ'ব নেকি ?
:- মোৰ বুকুৰ বুকুৰ কলিজা তই। তোৰ স'তেই মই খৰিকাজাইৰ সুগন্ধি একেলগে ল'ব বিচাৰোঁ এবাৰ সুযোগ দে মোক।
:-সকলো ঠিক কৰিয়েই থৈছোঁ মই। তহঁতৰ মতামতৰ বাবেহে ৰৈ আছিলোঁ। এটাৰো ঘৰত আপত্তি নাই গতিকে নিজৰ মনৰ কথা ভাব।
:-ময়ো তাইক ভালপাওঁ আইতা। এইবাৰ কথাখিনি কম বুলিয়েই আহিছিলো। নিজাকৈ সংস্থাপন এটা নথকাৰ বাবে সাহস কৰা নাছিলোঁ কিন্তু এতিয়া দিন ভাললৈ আহিছে মোৰ। তাইও আধাতে পঢ়া সামৰিব নালাগে। তাইৰ সপোন আমি পূৰণ কৰিম। মোৰ লগত তোমালোকৰ আশীৰ্বাদ থাকিলে মই সাহস নেহেৰুৱাওঁ।
:-অকল আইতাৰেই নে আমিও আছোঁ তোৰ লগত ?
দুয়োটা পৰিয়ালক তাতে দেখি মুখৰ মাত হেৰাল সিহঁতৰ।কিমান ভাল লাগিছে বুজাব পৰা নাই সি। সিহঁতৰ পৰা লুকুৱাই ৰখা কথাখিনি এফালৰ পৰা কৈ গ'ল তাৰ মাকে। সুখী সি আজি বহুত বেছি একেবাৰে মনৰ পৰা। ভনীয়েকে তাইক সাবটি ধৰিলেহি। নবৌ পালোঁ বুলি তাইৰ গাত তত্ নাই। 
 তাইৰ মুখত বিৰিঙি উঠা হাঁহিটোৱেও যেন এটা নাম পাব বিচাৰিছে। আশাবোৰ পূৰ্ণ হ'ব আৰু কি লাগিছে তাইক ? 
বিশ্ৰুত শইকীয়াৰ গানৰ কলি এটা মনলৈ আহিছে তাৰ -

"এফুটা হাঁহিৰে হাঁহি সামৰিলে
হিয়া মোৰ মৰহি যায়,
আজৰি পৰতে কথাবোৰ গাঁথিলোঁ
পাহৰো তোমাকে পাই 
মৰম কি এনেকুৱাই ?"

:-তোৰ এই হাঁহিটো সদায় এইদৰে জিলিকাই থাকিবি দেই।
:-তুমি যদি মোৰ লগত সদায় থাকা তেতিয়াহে।
:-সদায় থাকিম তোৰ লগত মই। সৰুতেই খেলা পুতলাৰ দৰা-কইনাৰ খেল এতিয়া বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। আকৌ এবাৰ এমুঠি ৰঙা উপহাৰ দিব খোজোঁ তোক। আঁকিব বিচাৰোঁ এখনি হেঁপাহৰ ৰামধেনু।
তাইৰ দুহাত তাৰ দুহাতেৰে খামুচি ধৰিলে সি। তাই তাৰ কান্ধতে মূৰটো পেলাই দিলে।ইমান দিনৰ দুখ-ভাগৰ, চিন্তা সকলো যেন দূৰলৈ ঠেলি মনৰ ভাগৰ মাৰিব খুজিছে।প্ৰিয়জনক প্ৰাৰ্থনাত ৰাখিছিল তাই আৰু আজি সেয়া বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। অৱশেষত কাইলৈ সিহঁতৰ সম্পৰ্কটোৱে এটা নাম পাব।
ভালপোৱাৰ সুৰে কথা ক'লে শব্দৰ প্ৰয়োজন জানো আছে ?
এক বিশ্বাসৰ আৱেষ্টনীত সোমাই পৰিল দুটি আত্মা।
বতাহত বিয়পি পৰা খৰিকাজাইৰ সুগন্ধিয়ে সমগ্ৰ সত্তা আৱৰিছে। দুয়োকে জোনাকৰ বুকুচাত নিজৰ কথাবোৰ পাতিবলৈ দি সোমাই গ'ল মাকহ‍ঁত। দীঘলকৈ উশাহটো টানি গোটেইখিনি গোন্ধ যেন আঁকোৱালি ল'ব বিচাৰিলে সি।

সমাপ্ত।

অঙ্গন: পৃষ্ঠা 39
প্ৰেম-অপ্ৰেম

জাহ্নৱী কাকতি

বাৰে বাৰে ফোনটো লগাই ভাগৰি পৰিল অনিমেষ।সিফালৰ পৰা এটাই মাথোঁ কণ্ঠস্বৰ ভাঁহি আহিল 

"The number you have call has been switch off".

বাৰে বাৰে অফ আহি আছে জিনিলিয়াৰ ফোনটো। ভাবি তত পোৱা নাই সি ক'লৈ যাব পাৰে তাই। ক'ত যে কেনেকৈ সকলো আউল লাগি গ'ল একো ধৰিবই নোৱাৰিলে সি।মাজে মাজে অপৰাধবোধ হয় আজিকালি অনিমেষৰ মনত।সি তাইৰ অপৰাধী।
মাক-দেউতাকৰ কথামতে নীলাক্ষীৰ স'তে বিবাহপাশত আৱদ্ধ হৈছিল অনিমেষ। কিন্তু নীলাক্ষীক আজিলৈ সি মনৰ পৰা গ্ৰহণ কৰিব নোৱাৰিলে।কাৰণ অনিমেষৰ হৃদয়জুৰি বিয়পি আছে মাথোঁ জিনিলিয়া। জিনিক সি বুকুভৰাই ভাল পায়
শ্বিলঙৰ কলেজ এখনত নতুনকৈ অধ্যাপকৰ পদত যোগদান কৰিছিল অনিমেষে।নতুন চাকৰি,‌ অচিন ঠাই। কিছু সংশয়, কিছু কৌতুহল।নানা ভাবে দোলা দিছিল অনিমেষৰ মনত। জীৱনত প্ৰথমবাৰ নিজৰ ঘৰখন এৰি ইমান দূৰলৈ আহিছিল সি।ৰাস্তাৰ দুয়োকাষে শাৰী শাৰী পাইন গছ, পাহাৰীয়া অকোৱা-পকোৱা ৰাস্তা যেন সাপ এডালহে আগুৱাই গৈ আছে। লানি-লানি পাহাৰবোৰত ছিটিকি পৰিছিল তেতিয়া অস্তৰাগৰ হেঙুলী আভা। প্ৰকৃতিৰাজিৰ নৈসৰ্গিক সৌন্দৰ্যত ডুব গৈ থকা অনিমেষৰ দেহ-মনত শিহৰণ তুলিছিল শ্বিলঙৰ হিম-চেঁচা বতাহজাকে।চহৰখনত সন্ধিয়া নামিছিল।অনিমেষে ভাবিলে আজি ৰাতিটো হোটেলতে কটাওঁ কাইলৈ ৰাতিপুৱা ভাড়াঘৰ এটা বিচাৰি ল'ব লাগিব।

ৰাতিপুৱাৰেপৰা কেইবাটাও ঘৰ চাই-চাই অৱশেষত যেন মনপছন্দৰ ঘৰ এটা দৃষ্টিগোচৰ হ'ল অনিমেষৰ। বাহিৰত কলিংবেলটো বজাই দিয়াৰ লগে লগে দৰজা খুলি ছোৱালী এজনী ওলাই আহিল। শুধ বগা দেহত তাইৰ ফুটো-ফুটো তেজ, আপেলৰ দৰে ৰঙা পৰি থকা দুগাল, ককালৈকে বৈ পৰা চুলিটাৰি, পিন্ধনত হাফপেণ্টৰ ওপৰত নীলা টিচাৰ্ট। বিমুগ্ধ নয়নেৰে সি তাইৰ ফালে চালে। এপলৰ বাবে যেন অনিমেষৰ দুনিয়াখন তাইৰ চকুতে থমকি ৰ'ল।
ঃ এটাৰূম ৰেন্টত পাম নেকি
ঃ ৰূম খালী আছে। ৰ'ব মই দেউতাক মাতি দিছোঁ। কথা পাতি লওক।

মাক-দেউতাকৰ স'তে জিনিহঁতৰ দুজনী ছোৱালী।দেউতাকে চাকৰিৰপৰা অৱসৰ পোৱাৰ পিছত ঘৰভাড়াৰ টকাৰে কোনোমতে টাকি-টুকি চলি আছে সিহঁতৰ পৰিয়ালটো। অনিমেষৰ শিশুসুলভ স্বভাবটোৱে অতি কম সময়ৰ ভিতৰতে জিনিলিয়াৰ মাক-দেউতাকক মোহিত কৰিলে। লাহে লাহে অনিমেষ সিহঁতৰ ঘৰৰ এজনৰ দৰে হৈ পৰিল। ল'ৰা নোহোৱা ঘৰখনত সৰু-সুৰা পাচলি আদিৰ বজাৰ প্ৰায়ভাগ সিয়েই কৰি আনে।বনোৱাৰ এলাহতে ৰাতিৰ সাজটো অনিমেষে প্ৰায়ে জিনিহতৰ ঘৰতে খায়।

সি আহিলে তাই কোনো কামৰ অজুহাত উলিয়াই আহিবই অনিমেষৰ মামাকহতঁৰ ঘৰত। হাজাৰ হ'লেও তাই ছোৱালী মানুহ।মনৰ কথা খোলাকৈ প্ৰকাশ নকৰে। অনিমেষে কিন্তু তাইৰ চকুৰ ফালে চালেই বুজি পায় তাই যে তাক মনে মনে ভাল পায়। কিন্তু সি তাইক কোনোদিনে তেনে দৃষ্টিৰে চোৱা নাই। অনিমেষৰ বাবে তাই মাথোঁ তাৰ ভাল বান্ধৱীৰ বাহিৰে আন একো নহয়।

অনিমেষৰ মাকৰ হ'লে নীলাক্ষীক বৰ পছন্দ। তাতে তাই নিজৰ ঘৰৰ ওচৰৰে ছোৱালী। নীলাক্ষীয়ে তাইৰ মাকক কৈছে অনিমেষক ভালপোৱাৰ কথা। তাইৰ মাকে কথাটো অনিমেষৰ মাকৰ লগত আলোচনা কৰিলে। কথাটো শুনি অনিমেষৰ মাকে ভালেই পালে।
:মোৰ হ'লে নীলাক্ষীক বৰ পছন্দ। তাতে তাই নিজৰ ঘৰৰ ওচৰৰে ছোৱালী। তাইক মোৰ নিজৰ ছোৱালীৰ দৰে ৰাখিম।দুয়ো মা-বেটী একেলগে আহিব পাৰিম। হা হা হা…

কথাটো শুনি অনিমেষৰ মামাকহঁতেও ভাল পালে। নীলাক্ষীয়ে ভাবে অনিমেষেও তাইক ভাল পায়।অনিমেষ আৰু নীলাক্ষীহঁতৰ দুয়োখন ঘৰে মিলি অনিমেষৰ মামাকহতঁৰ ঘৰতে আলোচনা কৰিলে বিয়াখনৰ কথা।অনিমেষৰ যে ইয়াৰ মাজত কিবা আপত্তি থাকিব পাৰে কাৰো মনলৈ নাহিল। বিয়াৰ দিন-বাৰ ঠিক কৰিবলৈ দেউতাকে অনিমেষক ঘৰলৈ মাতি আনিলে। সি ঘৰত সকলো কথা খুলি ক'লে জিনিলিয়াৰ স'তে থকা তাৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে।চিঞৰি চিঞৰি কৈ থাকিল অনিমেষে--
ঃমই জিনিকহে ভাল পাওঁ নীলাক্ষীক নহয়। তোমালোকে কিয় নুবুজা ? অনিমেষৰ দেউতাকেও নিজৰ মতত অটল থাকিল।
:তুমি আমাৰ একমাত্ৰ সন্তান বাবা। বংশ-মৰ্যদাৰ কথা আছে। তোমাৰ দেউতাৰ সমাজত ভাল নাম আছে।মানুহে মোক কি বুলিব ? সেই খীষ্টিয়ান ছোৱালী এজনী ঘৰৰ বোৱাৰী কৰি আনিবলৈ আমি কোনোপধ্যেই মান্তি হ'ব নোৱাৰো। তাৰোপৰি আমি নীলাক্ষী আৰু তাইৰ মাক-দেউতাকৰ লগত বিয়াখনৰ বিষয়ে সকলো কথা আলোচনা কৰি উঠিছো। কি উত্তৰ দিম তেওঁলোকক ?
অৱশেষত জাত-পাত, ধৰ্ম, বংশ-গৌৰৱ, মাক-দেউতাকৰ সন্মান আদিবোৰৰ আগত অনিমেষে হাৰ মানিলে।

জিনিলিয়া সম্পূৰ্ণৰূপে ভাগি পৰিল। বহুত কাজিয়া কৰিলে তাই অনিমেষৰ লগত।প্ৰশ্নবাণেৰে থকা-সৰকা কৰিলে তাক। কিন্তু সি কি কৰিব এতিয়া। নিজকে তাৰ চাবি দিয়া পুতলা যেন অনুভৱ হ'ল। হয়তো কিছুমান সিদ্ধান্ত নিয়তিয়ে নিৰ্ণয় কৰে। কৰিম বুলিও আমি একো কৰিব নোৱাৰো। ইমান দিনে দেখি অহা দুয়োৰে সকলো সপোন ভাঙি চুৰমাৰ হ'ল। জিনিৰ মাক-দেউতাকেও বৰ আঘাত পালে। সি ঘৰটো সলালে আৰু জিনিহঁতৰ পৰা কিছু নিলগত ভাড়াঘৰ এটা ল'লে।

অনিমেষে কিন্তু বিয়াৰ পাছতো জিনিক পাহৰিব নোৱাৰিলে। তাৰ মনে বাৰে বাৰে কয় সি তাইৰ অপৰাধী।অপৰাধবোধ এটাই আজিকালি বাৰুকৈয়ে খেদি ফুৰে তাক। জিনিৰো আজিকালি ঘৰত থাকি মুঠেই ভাল নলগা হ'ল। অনিমেষৰ প্ৰতি তাইৰ গভীৰ ভালপোৱা আছিল। কিমান বিশ্বাসেৰে এজনী নাৰীয়ে নিজক এজন পুৰুষৰ হাতত সঁপি দিব পাৰে।কিয় সি তাইৰ লগত এনেদৰে বিশ্বাসঘাতকতা কৰিলে!কথাবোৰ সহজভাৱে ল'ব পৰা নাই তাই। মাকৰো তাইক লৈ চিন্তা হৈছে। মাকে ইমান বুজায়।
:নাখায় নলৈ তই একেবাৰে শুকায় ক্ষীণাই গৈছ মাজনী।এনেকৈ আৰু কিমানদিন কান্দি-কাটি থাকিবি ?কথাবোৰ পাহৰাৰ চেষ্টা কৰ।

নোৱাৰে তাই পাহৰিব।দুদিনমানৰ পৰা তাইৰ গাটো একেবাৰে ভাল লগা নাই।একো কৰিবলৈও মন নাযায়।খাবৰো মন নাযায়। মাকৰ চিন্তা লাগিছে কি বা হ'ল ছোৱালীজনীৰ। তাইৰ কিন্তু মনত ভয় সোমাইছে। কাইলে kit এটা আনিব লাগিব।
 Kit টো হাতত লৈ জিনি ভয়ে ভয়ে বাথৰূমত সোমাল। এয়া কি…দুডাল গুলপীয়া ৰেখা আহিছে দেখোন। মানে তাই…… । হাত-ভৰি থৰথৰকৈ কঁপিব ধৰিলে তাইৰ। মূৰৰ ওপৰৰ আকাশখন খঁহি পৰা যেন ভাব হ'ল জিনিৰ। মাকে তাইৰ মুখখন দেখিয়ে ধৰিব পাৰিলে কথাৰ গুৰি ক'ত।মাকৰ চিঞৰত উচপ খাই দৌৰি আহিল একেলগে বহি ভাত খাই থকা দেউতাক আৰু ভনীয়েক। এনেই তাইৰ মূৰত সৰগ ভাগি পৰিছিল তাতে মাক-দেউতাকৰ উপৰা-উপৰি গালি-শপনি।
:নিজৰ মুখখনততো ছাই সানিলিয়ে এতিয়া আমাকো জীয়াই জীয়াই মাৰিব ওলাইছ ? তোৰ ভনীয়েৰক কোনে বিয়া কৰাব এতিয়া ?গাঁৱৰ মানুহে গম পালে আমি মুখ দেখুৱাম কি বুলি ?
তাইৰ কাণত আৰু একো নোসোমাল।

এয়াচোন খুড়া আহিছে।হয় তাৰ ৰূমৰ ফালেই আহি আছে। চাইকেলখনৰ পৰা নামি প্ৰায় উধাতু খাই দৌৰি আহিল মানুহজন।
জিনিৰ দেউতাকক দেখি নানানটা প্ৰশ্ন জাগিল অনিমেষৰ মনত। সি কিবা সুধিবলৈ পোৱাৰ আগতেই তেওঁ ফোপাই জোপাই কবলৈ ধৰিলে।
:জিনি ঘৰত নাই আৰু একো খবৰ পোৱা নাই এতিয়ালৈ।ঘৰৰ সকলো সম্পৰ্কীয় মানুহ, তাইৰ বন্ধু-বান্ধৱী, চা-চিনাকীৰ সকলোতে খবৰ কৰিছোঁ ক'তো নাই।অনিমেষৰ কিছু কাণৰ কাষ চাপি তেওঁ ক'লে জিনি প্ৰেগনেন্ট। কথাবোৰ শুনি অনিমেষৰ ভৰিৰ তলৰ মাটি খঁহি যোৱা যেন লাগিল।

নিজকে চম্ভালি লৈ সি এক মুহূৰ্তও পলম নকৰি গাড়ীখন লৈ ওলাল। সি তাৰ জিনিক বিচাৰি উলিয়াবই।নাই…নাই…তাইৰ একো হ'ব নোৱাৰে… পুলিচ থানাত খবৰ কৰি সি ওচৰ পাজৰৰ হস্পিতেলবোৰত এবাৰ খবৰ কৰো বুলি ভাবিলে। ৰাস্তাটোত ইমান দীঘলীয়া জাম বান্ধিছে।অমিমেষৰ গাড়ীখনৰ আগত কেইবাখনো গাড়ী আছে।এনেদৰে ৰখি থকাৰ সময় নাই। হৈছে কি ঘটনাৰ বুজ ল'বলৈ সি গাড়ীৰ দৰ্জা খুলি বাহিৰলৈ ওলাল। আগত দেখোন মানুহৰ জুম বান্ধিছে।এজনক সোধাত ক'লে আগত এক্সিদেন্ট হৈছে। অনিমেষৰ হাত-ভৰি কঁপিবলৈ ধৰিলে। সি খপজপাই দৌৰি গৈ জুমটো ফালি ভিতৰত সোমাল। এম্বুলেঞ্চ এখনত মৃত নাৰীদেহ এটা উঠাই আছে।অনিমেষে ভয়ে ভয়ে মুখখন ঘূৰাই চালে। তেজেৰে লুতুৰি-পুতুৰি হৈ থকা সেইজনী তাৰ জিনিয়েই হয়।বহুত দেৰি কৰি দিলে সি।চকুৰে সকলো ধোঁৱা ধোঁৱা দেখিলে অনিমেষে। শৰীৰটো ক্ৰমশঃ অৱস হৈ আহিছিল তাৰ। বেলিটো ডুবিছিল পাহাৰখনৰ সিটোপাৰে।চাৰিওফালে আন্ধাৰ নামিছিল তেতিয়া।

অঙ্গন: পৃষ্ঠা 40
শেষ পৃষ্ঠাৰ লেখাঃ

ধনাত্মক চিন্তাই জীৱন সুন্দৰ কৰে 

"নিজক সদায় আনন্দত ৰাখিবা৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়৷" ওমাৰ্চন।

আমাৰ জীৱনলৈ সংঘাত অহাটো স্বাভাৱিক । সেই বাবেই কোৱা হয় জীৱন ৰণাঙ্গন। জন্মৰ পৰা মৃত্যুলৈ জীৱনৰ প্ৰতিটো ক্ষণত সন্মুখীন হোৱা নানান সমস্যাৰ সমাধান বিচাৰি আমি সংগ্ৰাম কৰিব লগা হয় আৰু এই সমস্যা সমূহৰ পৰাই জন্ম হয় চিন্তা আৰু দুঃচিন্তাৰ। যাৰ প্ৰকোপে আমাৰ জীৱন জটিলৰ পৰা জটিলতালৈ ঠেলি পঠিয়াই। ফলত বহু সময়ত আমি মানসিক ভাৰসাম্যও হেৰুৱাই পেলাওঁ। যাৰ পৰিণতিত আমাৰ বহুতৰে জীৱনৰ প্ৰতি মোহ নোহোৱা হয় আৰু কিছু ন'লব লগীয়া সিদ্ধান্ত লৈ পেলাওঁ। 
আমাৰ চিন্তা দুই প্ৰকাৰৰ ধনাত্মক আৰু ঋণাত্মক। ধৰা হওক এজন ব্যক্তিৰ আৰ্থিক অনাটনৰ ফলত তেওঁৰ কৰিব লগীয়া কিছু কাম কৰিব পৰা নাই। ফলত তেওঁ চিন্তা সাগৰত ডুবিব ধৰিছে। কিন্তু তেওঁ কেনেধৰণৰ চিন্তা কৰিছে ? তেওঁ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিন্তা কৰিছে নে সমস্যাক লৈ সমস্যাৰ সৃষ্টি কৰিছে। অৰ্থাৎ যদি তেওঁ ধনাত্মক চিন্তাধাৰাৰ মাজেৰে সমস্যা সমাধানৰ কথা চিন্তা কৰে। তেওঁ আৰ্থিক অনাটন দূৰ কৰাৰ বাবে পৰিকল্পনা কৰে। তেন্তে তেওঁ এদিন নহয় এদিন সমস্যা সমাধানৰ পথ বিচাৰি পাব। কিন্তু তাকে নকৰি যদি সমস্যাক লৈ দুঃচিন্তা কৰে। যদি তেওঁৰ সমস্যাৰ কাৰণ হিচাপে তেওঁ পৰিয়ালক দোষে। তেন্তে তেওঁৰ সমস্যাৰ ওপৰত সমস্যা বৃদ্ধি হ'ব। গতিকে চিন্তা সদায় ধনাত্মক অৰ্থাৎ সমস্যা সমাধান বিষয়ক হ'ব লাগে।
মানুহ সামাজিক জীৱ। সমাজৰ মাজেৰেই মানুহৰ জীৱনে পূৰ্ণতা পায়। কিন্তু মানুহে পতা এই সমাজৰ কিছুমান নীতি-নিয়ম থাকে। এই নীতি-নিয়ম সমূহ পালন কৰি চলিব পাৰিলেহে সমাজত সুচাৰুৰূপে চলিব পাৰি। আকৌ কেতিয়াবা কিবা কাৰণত এই সমাজতে মানুহে বিনা কাৰণত মুখ থেকেছা খাব লগা হয়। সেই সময়ত আমি কি কৰোঁ। ক্ৰোধাম্বিত হৈ সমাজৰ বিপক্ষে থিয় দিওঁ অথবা নতশিৰে সমাজৰ শাস্তি মূৰ পাতি লওঁ। বহু সময়ত আমি নতশিৰে সমাজৰ ওচৰত সেৱ হ'লেও সমাজে শাস্তি বিহে। তেনে সময়ত আমি কি কৰোঁ ? নিশ্চয়কৈ সমাজৰ পৰা আঁতৰি অহাৰ কথা ভাবোঁ আৰু ভবাটো স্বাভাৱিক। কিন্তু আমি যিয়েই নকৰোঁ কিয় মনক সদায় শান্ত কৰি ৰাখিব লাগে। তাৎক্ষণিকভাৱে খঙত অগ্নিশৰ্মা হৈ পৰিলেও পিছলৈ শান্ত ভাৱে বিবেচনা কৰিব লাগে। ইয়াতে অসমীয়াত এষাৰ কথা আছে "বোলে সহিলে সম্পদ আৰু নসহিলে বিপদ"। আমি কাহানিও আমাৰ বিপদ হোৱাটো নিবিচাৰোঁ। গতিকে শান্ত ভাৱে নিজক সংযত কৰি সময়লৈ বাট চোৱাই ভাল। কিন্তু এই খিনিতে যদি আমি ক্ৰোধান্বিত হৈ মনত ঋণাত্মক ভাৱধাৰাৰ সৃষ্টিৰে কাৰোবাৰ অনিষ্ট কৰিবলৈ যাওঁ তেন্তে তেওঁৰ লগতে নিজৰো অনিষ্ট হোৱাটো স্বাভাৱিক। ঋণাত্মক চিন্তা তথা ভাৱধাৰাই আমাক মানসিক বিকাৰগ্ৰস্থ কৰি তোলে । ফলত আমি সৃষ্টিমূলক কাম কাজৰ পৰা অনাকাংক্ষিত ভাৱে নিজকে আঁতৰাই লৈ গৈ থাকো। যাৰ পৰিণতিত নিজৰ লগতে পৰিয়াল আৰু সমাজৰ বাবে আমি আৱৰ্জনা যেন হৈ পৰোঁ।
সময় গতিশীল এই গতিশীলতাত সময়ে কাক কেতিয়া কোন পথে লৈ যায় কোনেও ক'ব নোৱাৰে। কিন্তু এটা কথা ঠিক যে আমি বিবেক আৰু বিবেচনাৰে, ধনাত্মক চিন্তাশক্তি প্ৰয়োগৰ জড়িয়তে, মনক সংযত ৰাখি জীৱনৰ পথ সলনি কৰিব পাৰোঁ। কথা হ'ল আনে আপোনাৰ বিষয়ে কি ভাৱে সেইটো ডাঙৰ কথা নহয়। আপুনি তেওঁৰ বিষয়ে কি ভাবে সেইটোহে ডাঙৰ কথা। কাৰণ মানসিক অৱস্থাই এজন ব্যক্তিক পৰিচালনা কৰে। গতিকে সামাজিক জীৱ হিচাপে আমি আমাৰ মনটোক সদায় নিয়ন্ত্ৰণত ৰাখিব লাগে। তথা ঋণাত্মক ভাৱধাৰাৰ মাজেৰে নিজক কেতিয়াও মানসিক ভাৱে দুৰ্বল কৰিব নেলাগে। তাৰ পৰিবৰ্তে ধনাত্মক চিন্তাধাৰাৰ মাজেৰে নিজক সদায় সৱল কৰি ৰাখিব লাগে।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
(6000709096)

অঙ্গন:  পৃষ্ঠাঃ 41

Post a Comment

0 Comments