১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
9678696861/ 6000709096/ 9127564124.
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 ফেব্ৰুৱাৰী 2026.
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই।
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন
অঙ্গন: পৃষ্ঠাঃ 5
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 7
👉প্ৰবন্ধ : পৃষ্ঠা-- 8-12
👉ধাৰাবাহিক: পৃষ্ঠা--13
👉অণুগল্প: পৃষ্ঠা: 14--17
👉অনুবাদ সাহিত্য : পৃষ্ঠা--18
👉কবিতা: পৃষ্ঠা--29-31
👉ৰেচিপি: পৃষ্ঠা--32
👉 সাক্ষাৎকাৰ: পৃষ্ঠা --33
👉গল্প: পৃষ্ঠা--34--36
👉শেষ পৃষ্ঠাৰ প্ৰৱন্ধ : পৃষ্ঠা-- 37
অঙ্গন: পৃষ্ঠাঃ 6
অঙ্গন
(মাহেকীয়া ই আলোচনী)
মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ
বেটুপাতৰ শিল্পীঃ
পৰিণীতা কলিতা, টিহু
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
অঙ্গন: পৃষ্ঠাঃ 7
সম্পাদকীয়ঃ
কুঠাৰখন কেতিয়া ধাৰ কৰিছিল
আচলতে প্ৰশ্নটো হঠাতে মনলৈ আহিছিল৷ বিভিন্ন ব্যস্ততাৰ মাজতে মাজে মাজে কিছুমান প্ৰশ্নই হয়তো সকলোকে এইদৰে হঠাৎ এবাৰ থ'মকি ৰ’বলৈ বাধ্য কৰায়৷ সৰুতে এটি কাহিনী পঢ়িছিলোঁ৷ সেই সময়ত লেখকসকলৰ সৃষ্টিৰাজিও এনে আছিল যে তেখেতসকলৰ দূৰদৰ্শী চিন্তাই আমাৰ মনত গভীৰভাৱে ৰেখা পাত কৰিছিল৷
দুজন খৰিকটীয়া আছিল৷ দুয়োজনে সদায় একে সময়তে খৰি কাটিবলৈ আৰম্ভ কৰিছিল৷ মাজত মাত্ৰ খোৱাৰ বাবে এক ঘণ্টা জিৰণী, পুনৰ খৰি কটাত লাগি গৈছিল দুয়ো৷ তাৰ পিছতো এজনৰ দৰমহা বৰ কম আছিল আৰু এজনৰ দৰমহা তুলনাত বহু বেছি আছিল৷ এই লৈ কম দৰমহা পোৱাজনৰ মনত বৰ অশান্তি৷ এদিন সেয়েহে মেনেজাৰক প্ৰশ্ন কৰিলে৷ মেনেজাৰেও খৰিকটিয়াজনক কথাখিনি ভালদৰে বুজোৱাৰ উদ্দেশ্যে দুয়োজনৰ মাজত এটা দিনৰ প্ৰতিযোগিতাৰ ব্যৱস্থা কৰিলে৷ দিনটোৰ ভিতৰত যিজনে বেছি খৰি কাটিব পাৰিব তেৱেঁই বেছি দৰমহা পাব৷ যথা সময়ত প্ৰতিযোগিতা আৰম্ভ হ’ল৷ প্ৰতিযোগিতাৰ অন্তত দেখা গ’ল যে আন দিনাৰ দৰে সেইদিনাও কম দৰমহা পোৱাজনে কম খৰি কাটিবলৈ সক্ষম হ’ল৷ তেওঁ মনৰ খুদুৱনি মাৰিবলৈ শেষত আনজন খৰিকটিয়াক আচল ৰহস্যটো ক’ত সুধিয়েই পেলালে৷ তেতিয়া আনজন খৰিকটিয়াই প্ৰশ্ন কৰিলে “আপুনি শেষ বাৰৰ বাবে কুঠাৰখন কেতিয়া ধাৰ কৰিছিল?''
আমাৰ জীৱনৰ ক্ষেত্ৰটো কথাটো খাটে৷ আমি কেৱল কাম কৰিছোঁ, ব্যস্ত আছোঁ, এটাৰ পিছত আন এটা সপোনৰ পিছত দৌৰি ফুৰিছোঁ৷ অথচ আমি প্ৰায় পাহৰিয়েই পেলাইছোঁ যে আমি আমাৰ শৰীৰটো ভালে ৰাখিব লাগিব, কৰ্ম সম্পাদন কৰা আহিলাবোৰ সদায়ে সক্ৰিয় হৈ থাকিব লাগিব৷
গতিকে নিতৌ আমি কিছু সময় নিজক দিয়া উচিত৷ নিজৰ লগত একাত্মভাৱে কিছু সময় কথা পতা উচিত৷ এবাৰ থ’মকি ৰোৱা উচিত আৰু আমাৰ কুঠাৰখন সেই সময়তে ধৰাই লোৱা উচিত৷ অন্যথা কম দৰমহা পোৱা খৰিকটীয়াজনৰ দৰে হয়তো গোটেই জীৱন আমি অনুতপ্ত হৈ পাৰ কৰিব লাগিব।
✍হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861
অঙ্গন: পৃষ্ঠাঃ 8
প্ৰৱন্ধঃ
ট্ৰেণ্ডিঙৰ পিছত ঘূৰি নিজক পাহৰিব লৈছে অসমীয়াই
ডেইজী চৌধুৰী
বৰ্তমান ট্ৰেণ্ডিং শব্দটোৱে সমাজক বাৰুকৈয়ে কোবাই গৈছে। পৃথিৱীত বিভিন্ন প্ৰান্তৰ সৈতে আগবাঢ়িছে অসমৰ চুক কোণ। আজিকালি আটাইৰে হাতে হাতে মোবাইল, 5G স্পিডৰ মোবাইল ডাটাৰ ফলত ছেকেণ্ডত পৃথিৱীৰ বিভিন্ন বা-বাতৰি লাভ কৰাৰ লগতে বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠানৰ ৰিলছ ফটো ভিডিঅ' উপভোগ কৰিব পৰা যায়। কিন্তু মনোৰঞ্জনৰ নামত আজিকালি সস্তীয়া জনপ্ৰিয়তাৰ নামত নিজকে উদঙাই দিয়া লোকৰ ফটো বা ভিডিঅ'ৰেহে ছচিয়েল মিডিয়া ভৰি থাকে। মুকলিকৈ মোবাইলত ছচিয়েল মিডিয়া যেনে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব খুলিবলৈ লাজ লগা হ'ল। ইয়াৰ আঁৰত আছে অসমৰ কিছুসংখ্যক সস্তীয়া কণ্টেট ক্ৰিয়েটৰ। ভ্ৰমণ, খাদ্য বা কিছুসংখ্যক ভাল লগা কণ্টেটৰ বাহিৰে অধিকাংশ লোকেই ভিউজৰ পিছত দৌৰি নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰি আছে। কণ্টেট যিয়েই নহওক লাগিলে সেয়া অদৰকাৰী বা অশ্লীলতাৰে ভৰা হওক ব্যাপক হাৰক শ্বেয়াৰ হৈ ভিউজ বঢ়াৰ বাবে একাংশ লোক উঠি পাৰি লাগি যায়। তেনেধৰণৰ অদৰকাৰী কণ্টেট বনোৱাত কোনোবাই প্ৰশ্ন তুলিলে আৰম্ভ হৈ যায় অশ্ৰাব্য গালিৰ বৰষুণ। এনেধৰণৰ কণ্টেটৰ বাবে বহুসময়ত ভাল আৰু দৰ্কাৰী কণ্টেটে পাব লগীয়া স্থান নাপায়। চৰকাৰলৈ অনুৰোধ থাকিল অতি শীঘ্ৰে এনেধৰণৰ অদৰকাৰী আপত্তিজনক কণ্টেট বনাই সমাজত বিষবাষ্প বিয়পোৱা একাউণ্টসমূহ ছীল কৰক লগতে আজিকালি যথেষ্ট সৰু সৰু ল'ৰা-ছোৱালীকো ভিউজৰ নামত অভিভাৱকে অধ:পতনে নিয়া দেখা গৈছে এনেবোৰ অভিভাৱকৰ প্ৰতিও চৰকাৰে কঠোৰ পদক্ষেপ ল'ব বুলি আশা কৰিলো। নিজৰ লগতে আনৰ কণ কণ ল'ৰা-ছোৱালীৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱা কণ্টেট ক্ৰিয়েটৰৰ দৰকাৰ আমাক নেলাগে। সামাজিক মাধ্যমৰ সৎ ব্যৱহাৰ দ্বাৰা নিজৰ লগতে সমাজক সুস্থ কৰি তুলিলেহে অনাগত দিনত এখন সুস্থ সৱল সমাজ পাম। লগতে ভৱিষ্যত প্ৰজন্মক সুশিক্ষাৰে শিক্ষিত কৰি তুলিলেহে পৰিয়ালৰ লগতে সমাজ তথা দেশৰ ভৱিষ্যত সুৰক্ষিত হ'ব। গতিকে আহক সামাজিক মাধ্যমৰ জৰিয়তে বিহবাষ্প বিয়পোৱা এণ্টেণ্ট ক্ৰিয়েটৰ সকলক আমি সকলোৱে বৰ্জন কৰো। মূল কথা হ'ল আমি সিহঁতৰ ভিডিঅ' চাওঁ আৰু সিহঁতৰ চেনেল শ্বাস্কাইৱ কৰো বাবে সিহঁতে তেনে ভিডিঅ' বনাবলে সাহস পায়। যদি আমি তেনে ভিডিঅ' নেচাওঁ, তেনে চেনেল শ্বাস্কাইৱ নকৰোঁ তেন্তে ভিউৱাৰ্চৰ অভাৱত সিহঁতৰ চেনেল মণিট্ৰাইজেছন নহ'ব ফলত সিহঁতে ভিডিঅ' বনাবলে এৰিব লাগিব বা অন্য ভিডিঅ' বনাব লাগিব। গতিকে যিহেতু সকলো চাবি কাঠি ভিউৱাৰ্চৰ হাতত সেয়ে আহক আমি সেই কণ্টেণ্ট ক্ৰিয়েটৰ সকলক বৰ্জন কৰি সিহঁতৰ লগতে সমাজক তথা আমাৰ প্ৰজন্মক ৰক্ষা কৰো।
(গুৱাহাটী)
অঙ্গন: পৃষ্ঠাঃ 9
যৌতুকে কোনো সমস্যা সমাধান নকৰে
গীতামণি কলিতা
যৌতুক হ'ল কইনা বিবাহত পিতৃ-মাতৃৰ ঘৰৰ পৰা দিয়া মূল্যবান সামগ্রী। এজনী ছোৱালীক মাক-দেউতাকে মৰমত আলাসত ডাঙৰ দীঘল কৰি যেতিয়া এজন ল'ৰাৰ হাতত অৰ্পন কৰে তেতিয়া প্রতিগৰাকী মাক-দেউতাকে ছোৱালী জনীক সামৰ্থ অনুযায়ী মৰমত সামগ্রী দিয়াটো অতীজৰে পৰা চলি আহিছে হয়তো আৰু চলি থাকিবও। কিন্তু যেতিয়া কইনাক মৰমত দিয়া সামগ্রী সমূহৰ উপৰিও দৰা ঘৰৰ মানুহে বাধ্যতামূলক ভাৱে কইনা ঘৰৰ মানুহক বস্তু বিচাৰে তেতিয়া সেয়া যৌতুকলৈ পৰিণত হয়। আৰু যদি সেই বস্তু সমূহৰ দাবী কন্যাঘৰে পূৰণ কৰিব নোৱাৰে তেতিয়া যৌতুকৰ কাৰণে কইণাক মাৰপিট, অত্যাচাৰ, কাজিয়া-পেচাল, ঘৰৰ পৰা উলিয়াই দিয়া, হত্যা কৰা আদিবোৰৰ দৰে নাৰী নিৰ্যাতনৰ কথা আমি শুনিবলৈ বা দেখিবলৈ পাওঁ। কেতিয়াবা আকৌ কইনা জনীয়ে দুখৰ বোজা সঁহিব নোৱাৰি আত্মহননৰ পথো বাচি ল'ব লগীয়া হয়।
যৌতুকে, দম্পতীৰ জীৱন সুখী কৰি নোতোলে বৰঞ্চ দম্পতীৰ জীৱন ধ্বংসহে কৰে আৰু লগতে পৰিয়ালটোৰো। আমি যদি যৌতুকৰ সলনি লৰা-ছোৱালীৰ গুণক আগস্থান দিওঁ, তেতিয়া হ'লে হয়তো অলপ হ'লেও নাৰী নিৰ্যাতনৰ দৰে সামাজিক ব্যাধিৰ পৰা সমাজখনক ৰক্ষা কৰিব পৰা যাব। আমি মাক-দেউতাক সকলে মাটি-ভেঁটি বিক্ৰি কৰি ছোৱালী জনীক সামগ্রী দিয়াতকৈ, যদি অলপ টকা খৰচ কৰি পঢ়াই-শুনাই তাইক স্ব-নিৰ্ভৰশীল কৰাব পাৰো।তেতিয়া যৌতুকৰ কাৰণে অলপ হ'লেও দুৰ্ভগীয়া মহিলাৰ জীৱন নিঃশেষ হোৱা দেখা নাযাব।
গতিকে, প্রথমতে আমি ছোৱালী জনীক কন্যা হোৱাৰ সপোন নেদেখুৱাই তাইক নিজকে স্বাৱলম্বী হোৱাৰহে সপোন দেখুৱাব লাগে। এইক্ষেত্ৰত কেৱল কন্যা সকল স্বাৱলম্বী হ'লেই নহ'ব ল'ৰাবিলাকো উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ব লাগিব। যেতিয়া ল'ৰা-ছোৱালী দুয়োজনেই শিক্ষিত হ'ব আৰু স্বাৱলম্বী হ'ব তেতিয়া আমাৰ ঘৰৰ পৰা, সমাজৰ পৰা তথা দেশৰ পৰা যৌতুক নামৰ সামাজিক ব্যাধি লাহে লাহে নোহোৱা হ'ব আৰু তেতিয়াই ঘৰখনৰ লগতে সমাজখনতো শান্তি প্রতিষ্ঠা হ'ব আৰু ঘৰে ঘৰে আনন্দৰ বন্যা ব'ব। অৱশ্যে বিহাৰ, উত্তৰপ্ৰদেশ আদি ৰাজ্যৰ তুলনাত অসমত যৌতুকৰ বহুল প্ৰচলন দেখা নেযায়। কিন্তু তথাপিও ঠায়ে ঠায়ে কম সংখ্যক হ'লেও যৌতুকৰ বাবে নাৰী নিৰ্যাতন চলোৱা দেখা পোৱা যায়। গতিকে স্বাৱলম্বিতা আৰু শিক্ষাৰ প্ৰসাৰৰ জড়িয়তে আৰু সম্বন্ধৰ মান ৰক্ষাৰ জড়িয়তে আহক এই যৌতুকৰ দৰে এটা জঘন্য প্ৰথা আমাৰ সমাজৰ পৰা সমুলঞ্চে নিঃশেষ কৰো।
(যোৰহাট, ভাতেমৰা পথ)
অঙ্গন: পৃষ্ঠাঃ 10
ASTCৰ ‘গঁড়’টো চৌকত আলীৰ আছিল!
মৃদুল কুমাৰ সন্দিকৈ
অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছবোৰ এতিয়া অতীত। ৰঙা বাছবোৰৰ চিনাকি আছিল এটা ক’লা ৰঙৰ গঁড়ৰ প্ৰতীক। বাছবোৰত অংকন কৰি থোৱা সেই গঁড়টোনো কোনে আঁকিছিল সৰহভাগ মানুহে জনা নাছিল। ১৯৭১ চনত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাবে এটা প্ৰতীক চিহ্নৰ প্ৰয়োজন হৈছিল। বহুতে তেনে প্ৰতীক চিহ্ন আঁকি জমা দিছিল। সেইবোৰৰ মাজৰ পৰা চৌকত আলী নামৰ এ এছ টি চিৰে কৰ্মচাৰীজনে অঁকা গঁড়ৰ প্ৰতীকটো সেই সময়ৰ এ এছ টি চি সঞ্চালক ভবেন হাজৰিকাই নিৰ্বাচিত কৰিছিল। তাৰ পাছৰে পৰাই এই গঁড়ৰ প্ৰতীকটো এ এছ টি চিৰ প্ৰতীক হৈ ৰঙা বাছবোৰ, এ এছ টি চিৰ কাৰ্যালয়, হৰ্ডিং- বেনাৰত জিলিকি ৰৈছিল।
এই প্ৰতীক চিহ্ন অঁকা মানুহজনক এ এছ টি চিৰ তেতিয়াৰ সঞ্চালক ভবেন হাজৰিকাই ১০১ টকা পুৰস্কাৰ দিছিল। তাৰ পাছত সেয়া ইতিহাস হৈ ৰৈ গৈছিল। নিজকে আঁৰত ৰখোৱা মানুহজনে কেতিয়াও সেইবোৰ কথা আনক কোৱা নাছিল। জনা দুই-একে কথাবোৰ সুধিলে সেয়া তেওঁ অঁকা বুলিয়েই কৈ কথা সামৰিছিল।
৮ নৱেম্বৰ ২০২৫ নিশা ২-০০ বজাত আহিছিল এটা দুঃখবৰ। তেজপুৰৰ বাসভৱনত চিৰনিদ্ৰা লৈছিল চৌকত আলীয়ে। সেই এ এছ টি চি গঁড়ৰ প্ৰতীক চিহ্ন অঁকা চিত্ৰশিল্পীজনে। বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰি তেওঁ ৰং-তুলিকা হাতত তুলি লৈছিল।
এ এছ টি চিত তেওঁ যোগদান কৰাৰ আঁৰতো আছিল আন এক কাহিনী। তেতিয়া এ এছ টি চি হোৱাই নাছিল। আছিল আসাম ট্ৰেন্সপ’ৰ্ট। পৰিবহণ বিভাগত তেওঁক নিযুক্তি দিয়া হৈছিল খেলৰ বাবে। চৌকত আলী আছিল এজন ভাল ফুটবল খেলুৱৈ। মহাৰাণা ক্লাৱৰ হৈ তেওঁ ফুটবল খেলিছিল। ৪০ৰ দশকৰ কথা এয়া। ১৯৪৮ চনত বিহাৰত ইয়ং ইউনিয়ন কাপ ফুটবল প্ৰতিযোগিতা হৈছিল। সেই প্ৰতিযোগিতাত জয়ী হৈছিল অসম। অসমৰ দলটোৰ গলকীপাৰ আছিল চৌকত আলী।
কেৱল ফুটবলেই নে তেওঁ খেলিছিল হকীও। অসমৰ প্ৰথমটো হকী দল গঠন কৰিছিল আৰু ইয়াৰ অধিনায়কৰ দায়িত্ব লৈছিল চৌকত আলীয়ে।
এইজন চৌকত আলিত হাতৰ পৰশতে প্ৰাণ পায় উঠিছিল এই এ এছ টি চিৰ প্ৰতীক চিহ্নটো। সেয়েহে শিৰোনামত উল্লেখ কৰিছোঁ "ASTCৰ ‘গঁড়’টো চৌকত আলীৰ আছিল!"
অঙ্গন: পৃষ্ঠাঃ 11
বৃদ্ধাৱাস আৰু সমাজত ইয়াৰ প্ৰভাৱ
জাহ্নৱী কাকতি
জীৱনত সকলোৱে কামনা কৰে এখনি সুখৰ ঘৰ, এটা সুখী পৰিয়াল। বৈবাহিক সম্পৰ্কৰ জৰিয়তে যেতিয়া ইয়াৰ পাতনি মেলা হয়, কোনেও নাভাৱে যে নানা ৰঙীন আশা আৰু সপোন সজাই জন্ম দি জীৱনৰ সকলো কষ্ট, সংঘৰ্ষ মূৰ পাতি লৈ প্ৰতিপালন কৰা তেওঁলোকৰ সন্তানৰ বাবেই এদিন তেওঁলোকে আপোন ঘৰ এৰি বৃদ্ধাৱাসৰ আশ্ৰয় ল'ব লগা হ'ব। বিবাহৰ পাছত যেতিয়া সন্তান জন্ম হয় অনাবিল সুখে হিয়া নধৰা হয় আৰু কোনোবাখিনিত মানুহে সাধাৰণতে ভাবিবলৈ লয় জীৱনটোৰ সকলো যেন সন্তানৰ নামতেই সমৰ্পণ।নিজৰ বাবে নাভাবি সন্তানৰ নামতে গোটেই জীৱন সংগ্ৰাম কৰি থাকি জীৱনৰ শেষ কালচোৱাত যদি তেওঁলোক বৃদ্ধাৱাসৰ বাসিন্দা হ'ব লগা হয় ইয়াতকৈ বেছি দুখৰ কথা কি হ'ব পাৰে! সেয়েহে জীৱন কেতিয়াবা মৃত্যুতকৈ বেছি যন্ত্ৰণাদায়ক হৈ উঠে।
বৰ্তমান সমাজত বৃদ্ধাৱাসৰ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখিবলৈ পোৱা যায়।বৰ্তমান যুগত মানুহ যিমানে শিক্ষিত আৰু আধুনিক হৈ গৈ আছে সিমানে মানুহৰ প্ৰতি মানুহৰ আন্তৰিকতাবোৰ কমি আহিছে। আগৰ মানুহৰ দৰে নিভাঁজ মৰম ভালপোৱা এতিয়া পাবলৈ টান। ভাল মানুহ সমাজত আজিও আছে তথাপি কিছুসংখ্যক লোকে পঢ়ি শুনি ডাঙৰ ডিগ্ৰী লৈ যেতিয়া কোনো উচ্চপদত নিযুক্ত হয় বা ডাঙৰ ব্যৱসায়ত নিয়োজিত হয় তেওঁলোকে কেৱল নিজক লৈ, নিজৰ পত্নী-সন্তানক লৈ ব্যস্ত হৈ পৰে।পাহৰি যায় তেওঁলোকে বৃদ্ধ মাক-দেউতাকৰ কথা, পাহৰি যায় যে তেওঁলোকৰ এই উন্নতিৰ আঁৰত তেওঁলোকৰ সেই মাক-দেউতাকৰ জীৱন সংগ্ৰাম জৰিত আছিল।কিছুসংখ্যক পুত্ৰ সন্তানে নিজৰ বদ স্বভাৱৰ বাবে বা কেতিয়াবা পত্নীৰ প্ৰৰোচনাত পৰি নিজৰ মাক-দেউতাককে ঘৰৰ পৰা ওলাই যাবলৈ কয় বা কিছুমানে নিজে গৈ বৃদ্ধাৱাসত থৈ আহে। এনে অৱস্থাত এই গৃহহাৰা বৃদ্ধ পিতৃ-মাতৃসকলৰ বাবে বৃদ্ধাৱাসেই বৰদান স্বৰূপ।বৰ্তমান সময়ত ঠায়ে ঠায়ে গঢ়ি উঠা বৃদ্ধাৱাস সমূহে নিজৰ ঘৰ হেৰুওৱা বৃদ্ধ লোকসকলক যথেষ্ট সকাহ দিছে। জীৱনৰ প্ৰতি মোহ সকলোৰে থাকে।এই ধুনীয়া পৃথিৱীখন এৰি যোৱাৰ ইচ্ছা কাৰনো থাকে।নতুনকৈ জীৱনটো জীপাল কৰিবলৈ এই বৃদ্ধাৱাস সমূহে তেওঁলোকৰ জীৱনৰ বাট পোহৰাই তুলিছে।
বৃদ্ধাৱাস সমূহে এফালে যিদৰে সমাজত বিশেষ অৰিহণা যোগাইছে আনফালে কিঞ্চিৎ হ'লেও যেন ইয়াৰ বিৰূপ প্ৰভাৱ পেলোৱা বুলি নুই কৰিব নোৱাৰি। কিছুসংখ্যক দুষ্ট প্ৰকৃতিৰ সন্তানৰ বাবে মাক-দেউতাকৰ দায়িত্ব এৰাই চলিবলৈ বৃদ্ধাৱাস যেন সহজলভ্য পন্থা হৈ উঠিছে।বৃদ্ধাৱাসৰ কথা মনত খেলোৱাৰ লগে লগে বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি তেওঁলোকৰ মনত জাগি উঠে অনীহা। এয়া নিশ্চয়কৈ অনুচিত।
পুৰণি কালত বৃদ্ধলোক সকলক মানুহে সমীহ কৰি চলিছিল, সন্মান দিছিল।সময়ৰ লগে লগে মানুহৰ চিন্তাধাৰা, মানসিকতা সলনি হৈ আহিল। আজিকালি প্ৰায় সংখ্যক পৰিয়ালৰে স্বামী-স্ত্ৰী দুয়োগৰাকী কৰ্মৰত। গতিকে মহিলাসকলোৰো সময়ৰ অভাৱ। দিনটো বাহিৰত কাম কৰি গধূলি ভাগৰুৱা হৈ
ঘৰলৈ উভটাৰ পাছত ঘৰুৱা কামৰ লগতে সন্তানৰ সকলো দায়িত্ব সামৰি যেতিয়া স্বামীৰ বৃদ্ধ পিতৃ-মাতৃক চোৱাচিতা কৰিব লগা হয় কিছুসংখ্যক মহিলাৰ মনত বিৰক্তিৰ ভাৱে জন্ম লয়। বহু এনে লোকে বৃদ্ধকালত নিজেই নিজৰ খানা বনাই খাব লগা হয়।তেওঁলোকৰ সন্তানে তেওঁলোকৰ নামত খৰচ কৰিবও টান পায়। এনেদৰে প্ৰায়েই ঘটিব ধৰা গৃহকন্দলৰ ফলত বৃদ্ধলোক সকলে নিজৰ ঘৰতে অসহায় আৰু পৰাধীন অনুভৱ কৰিব ধৰে আৰু এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বৃদ্ধাৱাসলৈ গৈ সমবয়স্ক লোকসকলৰ লগত স্বাধীনভাৱে জীৱন যাপন কৰিবলৈ অগ্ৰসৰ হৈ উঠে।যদিও দোষ ইয়াত প্ৰায়েই পুত্ৰ-বোৱাৰীকে দিয়া হয় মাক-দেউতাকসকলোৰো ক'ৰবাত দোষ নথকা নহয়।বৃদ্ধকালত কিছুসংখ্যক লোকৰ ব্যৱহাৰ বহুত ৰুক্ষ হৈ পৰে। আকৌ কিছুমান মানুহৰ স্বভাৱ আছে আনৰ প্ৰতিটো কথাতে খুট উলিওৱা, কথাই কথাই ভুল ধৰা,পুত্ৰ-বোৱাৰীৰ জীৱনৰ প্ৰতিটো কথাতে হস্তক্ষেপ কৰা। এনে স্বভাৱে সকলোকে বিৰক্ত কৰে।সম্পৰ্কত বুজাবুজিৰ নিতান্তই প্ৰয়োজন।
সন্তানৰ গুৰুত্বহীনতাৰ ফলত বৃদ্ধকালত বৃদ্ধলোক সকলৰ জীৱনত দেখা দিয়া বিভিন্ন সমস্যা আৰু কষ্টলৈ লক্ষ্য ৰাখি তেওঁলোকক সুৰক্ষা আৰু সা-সুবিধা দিয়াৰ মানসেৰে ভাৰত চৰকাৰৰ ministry of social justice and impowerment বিভাগে এটা প্ৰজেক্ট আৰম্ভ কৰিছিল য'ত বৃদ্ধলোক সকলৰ আশ্ৰয়, ভোজন, চিকিৎসা আদিৰ সকলো ব্যৱস্থা উপলব্ধ । ইয়াৰ বাবে চৰকাৰে বিভিন্ন আঁচনি প্ৰয়োগ কৰিছে। এতিয়া এই প্ৰজেক্টৰ বাবে আবেদন কৰি বিভিন্ন এজেঞ্চিয়ে বৃদ্ধাৱাস চলাই আছে। ইয়াৰ ভিতৰত nursing home, charitable hospital, trust আদি উল্লেখযোগ্য।
যোৱা কিছু বছৰৰ পৰা আমাৰ দেশত যি গতিত বৃদ্ধাৱাসৰ সংখ্যা বাঢ়ি গৈ আছে সঁচাকৈয়ে চিন্তাৰ বিষয় হৈ পৰিছে। চৰকাৰী আৰু বেচৰকাৰী ভাৱে বৃদ্ধাৱাসৰ বাবে অহা সাহায্যয়ো বৃদ্ধাৱাসৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে। সকলোতে একাংশ লোকে নিজৰ মুনাফা বিচাৰি থাকে। কাৰণ যিয়েই নহওক জীৱনৰ অন্তিম সময়চোৱাত বৃদ্ধাৱাসৰ আশ্ৰয় ল'ব লগা হোৱাটো বৰ দুখজনক হোৱাৰ লগতে আমাৰ সমাজৰ বাবে লজ্জাজনক কথা।
দুখৰ বিষয় যে শ্ৰৱণ কুমাৰৰ দৰে পিতৃ-মাতৃ ভক্ত সন্তানৰ এই দেশতে জন্ম হৈছিল । আজিৰ সময়ত প্ৰতিখন চহৰে-নগৰে, ঠায়ে ঠায়ে বৃদ্ধাৱাসৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল। বৃদ্ধাৱস্থাত মানুহে কেৱল মৰম বিচাৰে।নিজৰ সন্তান, নাতি-নাতিনীৰ পৰা আদৰ যত্ন বিচাৰে।ভাৰতবৰ্ষৰ দৰে দেশত য'ত অতীজৰে পৰা পিতৃ-মাতৃক শ্ৰদ্ধা-সন্মান দি অহা হৈছে আমাৰ দেশৰ এই খ্যাতি, এই গৌৰৱ পুনত বৰ্তি উঠক সমগ্ৰ বিশ্বত। বৃদ্ধাশ্ৰমৰ প্ৰয়োজন শেষ হওক এয়াই কামনা।
(নতুন দিল্লী)
অঙ্গন: পৃষ্ঠাঃ 12
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ সামাজিক দায়বদ্ধতা
পাপৰি বৰা, গুৱাহাটী
জীৱ শ্ৰেষ্ঠ ৰূপী মানুহ এক সামাজিক প্ৰাণী৷ সমাজ আৰু সামাজিক দায়বদ্ধতা ইটো আনটোৰ এক অভিন্ন ৰূপ৷ সামাজিক হ’লে দায়বদ্ধতাখিনিও পালন কৰিব লাগিব৷ বৰ্তমান ন ন প্ৰযুক্তিৰ যুগ৷ আধুনিক ইলেকট্ৰনিক মাধ্যমেৰে বজাৰসমূহ ভৰি পৰাৰ লগতে মানুহৰ হাতকো শুৱনি কৰিছে৷ হাতত দামী আধুনিক মোবাইল, কেমেৰা আদি আহিলা লৈ আমি নতুন যুগৰ লগত তাল মিলাব শিকিছোঁ৷ কিন্তু এয়া কি হাতত অত্যাধুনিক আহিলা লৈ কিছুসংখ্যক লোক যে আদিম মানৱলৈ পৰিগনিত হৈছে, কিয় এনে হৈছে? চকুৰ আগতে বহু উদাহৰণ দেখিবলৈ পোৱা যায়৷
মৃত্যু চিৰন্তন সত্য৷ সত্য বুলি জানিও আমি স্বীকাৰ কৰিব নোৱাৰোঁ৷ নোৱাৰোঁ আপোন কাকো হেৰুৱাবলৈ৷ কবিৰ ভাষাত মৃত্যু যদি এক শিল্প আৰু এই মৃত্যু যদি আকস্মিক, অনাকাংক্ষিত, অকালতে হয়, সেয়া এক চিৰন্তন সত্য বুলি মানি লোৱাতকৈও হৈ পৰে চৰম বিষাদ৷ নিবিচাৰে কোনেও তেনে মৃত্যু-য’ত হেৰাই যায় ৰঙীন সপোন, জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ৷ মৃত্যু কেতিয়াও উদযাপন নহয় আৰু মৃত্যুক লৈ ৰং-ৰহইচ বা কিৰীলিক কি নাম দিম? ই কোনো বন্য উল্লাসৰ বাহিৰে একো নহয়৷
বৰ্তমান এক শক্তিশালী গণ মাধ্যম হিচাপে পৰিগণিত হৈছে ছ’চিয়েল মিডিয়া৷ ফেচবুক, হোৱাটছ এপ, টুইটাৰকে ধৰি ছ’চিয়েল মিডিয়াসমূহত সকলো বৰ্গৰ লোকৰে দপদপনি৷ ছ’চিয়েল মিডিয়াৰ ইতিবাচক-নেতিবাচক বহু দিশ আছে, কিন্তু ইতিবাচক দিশসমূহ যথেষ্ট শক্তিশালী, যাৰ বাবেই ই এক জনপ্ৰিয় গণ মাধ্যমত পৰিণত হৈছে; সেয়া ইয়াৰ ব্যৱহাৰকাৰীসকলে একেমুখে স্বীকাৰ কৰিব৷ নিমিষতে এটা খবৰে ছ’চিয়েল মিডিয়াত বিয়পি পৰি জাগৰণ সৃষ্টি কৰিব পাৰে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমক অভিহিত কৰা হয়৷ আজিকালি এই দায়িত্বশীল সংবাদ মাধ্যমৰ সংবাদ কৰ্মীৰ শেহতীয়া কিছু কৰ্ম কাণ্ডই মোৰ লগতে বহুতকে হয়তো হতাশ কৰিছে৷ তেওঁলোক একো একোজন দায়িত্বশীল ব্যক্তিৰূপে নিজকে নি(য় অৱনমিত কৰা উচিত নহয়৷ আজি সদ্য মৃত কন্যাৰ মৃতদেহ কাষতে কোনো চেনেলৰ সাংবাদিকে পিতৃ বা মাতৃক সোধা পিতৃ বা মাতৃ হিচাপে আপুনি কিদৰে পাইছিল ছোৱালীজনীক? আপুনি কি ক’ব আজি? আপোনাৰ এই সময়ত অনুভৱ কেনেকুৱা? ধৰণৰ প্ৰশ্ন কৰি যিদৰে এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে, সেই নিউজ চাই থকা দৰ্শকজনেও হতভম্ব, মৰ্মাহত হোৱাৰ লগতে যেন লজ্জানত হ’ব লগা হয়৷ এনে উদাহৰণ আমি লক্ষ্য কৰিছোঁৱেই ইতিমধ্যে৷ নি(য় এই বিষয়টোত কিছু চিন্তাৰ থল আছে৷ আজি তথাপি এই লেখাৰ জৰিয়তে কওঁ, সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰাৰ সময়তো কিন্তু তেওঁলোকৰ তৎপৰতাৰে বাতৰিৰ বহু আপত্তিজনক ফটো, ভিডিঅ’ক্লিপিং আদিক সম্পাদনা কৰিহে ৰাইজৰ বাবেও মুকলি কৰে৷ এই যে দিখৌ নৈ পাৰৰ মানুহৰ অন্তৰ আত্মা কঁপাই তোলা হূদয়বিদাৰক ঘটনাটো, য’ত পাঁচোজনকৈ একেটা পৰিয়ালৰ সদস্যই অকালতে মৃত্যুক সাৱটি ল’লে, সেই ঘটনাৰ পাঁচ দিনৰ পাছত যেতিয়া গাড়ীখনৰ সম্ভেদ পাই উদ্ধাৰকাৰ্য চলাই থকা হৈছিল, তেতিয়াও টিভিৰ পৰ্দাত মৃতদেহৰ ফটো পোনপটীয়াকৈ নেদেখুৱাই তাক সম্পাদিত ৰূপত টিভি চেনেলসমূহত দেখুৱাই থকা হৈছিল৷ এয়া কিছুমান নিয়মৰ আওটাতে পৰে৷
যিকোনো বিভ্ৰান্তিমূলক বা আপত্তিমূলক, স্পৰ্শকাতৰ ছবি, ভিডিঅ’ ক্লিপিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞ া আছে৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল, কিন্তু সেই সময়ত সেই দিনটোত কিছুসংখ্যক অতি উৎসাহী [?] লোকৰ কৰ্ম কাণ্ডই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী বহুতকে বাৰুকৈয়ে আচম্বিত কৰিছিল৷ ঘটনা সংঘটিত হোৱা ঠাইখনত উপস্থিত থকা লোকৰ মাজৰে কিছু লোকে নিজৰ নিজৰ মোবাইল কেমেৰা আদিৰে নিচেই ওচৰৰ পৰা অৰ্ধগলিত ফুলি উঠা গাড়ীৰ পৰা উলিয়াই অনা মৃতদেহৰ অথালি-পথালিকৈ মৃত নাৰী মহিলা দেহৰ বিভিন্ন ফটো তুলি ভিডিঅ’ কৰি সেইবোৰ তেওঁলোকৰ নিজ নিজ ছ’চিয়েল ছাইটৰ একাউণ্টৰ টাইমলাইনত প’ষ্ট কৰিলে৷ নিমিষতে এনেধৰণৰ ফটোসমূহ হোৱাটছ এপ, ফেচবুকত বিয়পি পৰিল৷ এইদৰে নাৰীদেহ সহিতে আটাইবোৰ মৃতদেহৰ ফটো অসম্পাদিত ৰূপত ফেচবুকত ভৰি পৰিল৷ বহু লোকে আকৌ সেই ফটোসমূহ শ্বেয়াৰ কৰিলে৷ যিসকলে এনে কাম কৰিলে, সেইসকলৰ কৰ্মকাণ্ডক কোনো বন্য উল্লাসৰ লগতহে তুলনা কৰিব পাৰি৷ তেওঁলোকৰ কোনো সামাজিক দায়বদ্ধতা নাই নেকি? তেওঁলোকৰ মানসিক দৈন্য ফুটি উঠিল এনে কাৰ্যত৷ অৰ্ধগলিত মৃতদেহৰ ফটোসমূহ এইদৰে বিলাই বিলাই তেওঁলোকে যেন পৈশাচিক উন্মাদনাতহে ভুগিছে৷ কোনো লোকৰ মৃত শৰীৰৰ ছবি এইদৰে বিলাই ফুৰিব নালাগে, কাৰণ মৃত শৰীৰৰো থাকিব আবুৰতা, যাক ঢাকি ৰখা হয়৷ কিছু দিনৰ আগতে কাৰ্বি আংলঙৰ ঘটনা নীল-অভিৰ ভিডিঅ’টোৱে তেজৰ ডোঙাৰে সেই মৰণকাতৰ চিঞৰৰ ভিডিঅ’টো আজিও সজীৱ হৈ আছে৷ ফেচবুকত এই ভিডিঅ’ বহু সময়লৈ অসম্পাদিত অৱস্থাত থাকিল, যি ছবি হয়তো কোনো অসমীয়া মচিব পৰা নাই, পাহৰিব পৰা নাই, যেতিয়ালৈকে অভিযুক্তসকলে শাস্তি নাপায়৷
বৰ্তমান ছ’চিয়েল মিডিয়াৰ ফেচবুক কৰ্তৃপক্ষৰ ফালৰ পৰাও কিছুমান নতুন আইন আহিছে৷ এনে মাধ্যমত কোন ছবি, ভিডিঅ’ আদিত অশ¡ীলতা অসামাজিক তথা সমাজৰ ক্ষতি কৰিব পৰা আপত্তিজনক ছবি, ভিডিঅ’ ক্লিপিং আদি তেওঁলোকে অভিযোগৰ ভিত্তিত আঁতৰাই পেলাব বা কঠোৰ নিয়মৰ আউটিলৈ আনি নিষিদ্ধ কৰিব৷ কোনো স্পশ¸ৰ্কাতৰ দৃশ্যসম্বলিত ছবি আদিৰ ওপৰত ব্যৱস্থা ল’ব, কঠোৰ হ’ব৷ মন কৰিবলগীয়া কথাটো হ’ল যিমানেই কঠোৰ নহওক কিয় তাৰ আগতে মানুহে নিজৰ বিবেকৰ ওচৰত দায়বদ্ধ নহ’বনে? মানৱীয়তা থাকিলে কঠোৰ আইনৰ দৰকাৰেই নাইচোন৷ বিভিন্ন পৰ্যটনস্থলী তথা মন্দিৰ বিগ্ৰহতো ফলক লগাই থোৱা দেখা যায়৷ নিষেধাজ্ঞ া থাকে মূল বিগ্ৰহৰ ফটো নল’বলৈ৷ যদিহে মোবাইল আদি ভিতৰলৈ নিয়াত আপত্তি বা নিষেধাজ্ঞ া দিয়া নাথাকে, তাতো কিছুলোকে মনে মনে নেদেখাকৈ মূল সম্পদৰ ফটো লৈ আহি ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰে৷ এইসকলক কি বুলি অভিহিত কৰিব পাৰি? কঠোৰ নিয়ম নহ’লে তেওঁলোকে এনে কাৰ্য চলাই যায় অৰ্থাৎ তেওঁলোকৰ নিজাববীয়াকৈ কোনো দায়িত্ববোধ বা মানৱীয়তা নাই, নিশ্চিতভাৱে সম্পূৰ্ণ বিবেকশূন্য এইসকল লোক৷ ক’বলৈ গ’লে আৰু এনে বহু উদাহৰণ আছে৷
আজি কেইদিনমান ধৰি অসমৰ যেন আকাশ-বতাহত মৃত্যুৰ কিৰীলি৷ অভিশপ্ত সময়৷ নদীয়েও যেন হেৰুৱাইছে শান্ত-সমাহিত ৰূপ৷ দিখৌৰ পাৰৰ অভিযান চলি থাকোঁতে থাকোঁতে আকৌ আন এক বিভীষিকাময় খবৰে জোকাৰি গ’ল সমগ্ৰ অসম৷ লুইতৰ বুকুত ভুটভুটীৰ দুৰ্ঘটনা৷ হেৰাই গ’ল অকালতে আকৌ কিছুমান প্ৰাণচঞ্চল হাঁহি৷ কটনৰ ছাত্ৰীসহিতে আন লোকৰ মৃত্যুৰ বতৰা৷ কিছু সন্ধানহীন৷ নাই পোৱা কোনো শংসূত্ৰ৷ এনেকৈ হেৰাইনে নিমিষতে সপোন? কাৰো জীৱনলৈ নাহক এনে কাল ধুমুহা৷ ৰংচঙীয়া সপোন দেখাৰ সময়তেই দিখৌ আৰু লুইতৰ বুকুত যৌৱনদীপ্ত মৰমলগা মুখৰ কিশোৰীকেইগৰাকীৰ সপোনৰ যতি পৰিল, যি হয়তো নতুনকৈ পৃথিৱীখন চাবলৈহে শিকিছিল৷ অফুৰন্ত সপোন দুচকুত লৈ জীয়াই থকা দুৰ্বাৰ হেঁপাহ বুকুত বান্ধি সংসাৰৰ পৰা চিৰবিদায় মাগি চকুমুদা মৃত্যু ভয়াবহ৷ ই কাৰো কাম্য নহয়৷ উত্তাল নদীৰ বুকু শান্ত হওক৷ জীৱনদায়িনী নদী হাজাৰ জীৱিকাৰ বক্ষস্থল৷ এই নদীৰ পলসে জীপাল দি ৰাখে সোণসেৰীয়া সপোন৷ এই নদীয়ে যেন কেতিয়াও কালৰূপ ধাৰণ নকৰে৷ নঘটক আৰু কোনো সলিল সমাধি ৷
[আমাৰ অসম, ২৪ ছেপ্টেম্বৰ ২০১৮ ত প্ৰকাশিত]
অঙ্গন: পৃষ্ঠাঃ 13
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
✍ৰূপা গগৈ
(খণ্ড ২৫)
পৰাগৰ মুখামুখি নোহোৱা আৰু কলেজলৈ এৰা-ধৰাকৈ যোৱা এনেকৈ দুমাহমান পাৰ হ'ল । ভাবিছিলোঁ এনে কৰিলে হয়তো পৰাগে সোণালীৰ ভালপোৱাক গ্ৰহণ কৰিব । কিন্তু মোৰ দৰে পৰাগেও সোণালীৰ পৰা আঁতৰি ফুৰিবলৈ ধৰিলে । এই দুমাহত সি বহুত পৰিৱৰ্তন হৈ পৰিছিল । একেৰাহে মুখত লাগি থকা গানৰ কলি ওঁঠৰ মিঠা হাঁহি যেন ক'ৰবাত হেৰাই গ'ল । নাই কোনো ডাঢ়ি , চুলি , ডেচ্-পোছাকৰ প্ৰতি লক্ষ্য । মাথোঁ এক উদাসীনতাত ডুবি থকা হ'ল । তাৰ এই পৰিৱৰ্তন কোনেও ভালপোৱা নাছিল । বহুতে নানান ধৰণেৰে বুজাইছিল । পৰাগৰ এই অৱস্থাৰ বাবে এইবাৰ বহুতে মোক অহংকাৰী, নিষ্ঠুৰ হৃদয়ৰ বুলি দোষাৰোপ কৰিছিল । তাৰ সেই দেহ-মনৰ সৌন্দৰ্য্য মুখমণ্ডলত চিন্তাৰ গভীৰ চাপ দেখি ভিতৰি ভিতৰি ময়ো ভাঙি পৰিছিলোঁ । কেতিয়াও তাৰ তেনে ৰূপত মই চাব বিচৰা নাছিলোঁ । সি যিমান কষ্ট ভূগিছিল মোৰ অৱহেলাৰ বাবে তাতোতকৈ মই বেছি কষ্ট পাইছিলোঁ তাক এনে কৰিব লগা হোৱা বাবে । কেতিয়াবা আৱেগবোৰে যেতিয়া হিয়াখনত দোলা দিয়েহি তেতিয়া দৌৰি গৈ তাক সাৱতি ধৰি ক'বৰ মন যায় ---"ময়ো তোমাক ভালপাওঁ পৰাগ । বহুত বহুত ভালপাওঁ তোমাক নিজতকৈ বেছি ।" কিন্তু বিবেকে বাধা দিয়ে বাবে আকৌ ৰৈ যাওঁ । পৰাগৰ অৱস্থা দেখি বুকুখনত বিষ এটাই খোচা-বিন্ধা কৰি থাকিবলৈ ধৰিলে । কলেজলৈ গৈও শান্তি নাপাওঁ, ৰূমতো থাকি শান্তি নোপোৱা হ'লোঁ । পঢ়া-শুনা, খোৱা-লোৱাৰ প্ৰতিও অনীহা জাগিবলৈ ধৰিলে । যি জনীয়ে বিছনাত পৰিলেই টোপনি যাওঁ টোপনি খতি কৰিব নোৱাৰোঁ সেইজনীয়ে পৰাগৰ কথা ভাবি ভাবি ওৰে নিশা খৰমৰাই উজাগৰে থকা হ'লোঁ । ছেঃ কি কৰোঁ ভালপাওঁ বুলি কৈ দিওঁ নে কি !!!! কথাবোৰ যিমানেই ভাবিবলৈ ধৰিলোঁ সিমানেই আউল লাগিবলৈ ধৰিলে । নাভাবোঁ বুলিও নাভবাকৈ থাকিব নোৱাৰা হ'লোঁ কাৰণ অলপ পাহৰিব চেষ্টা কৰিলেও এই দুজনীয়ে কথাই প্ৰতি শুনাই থাকে পৰাগৰ কথা ।
মোকে শুনাই ৰীমাই নিশাক কয় "--- নিশা ঘা যিমানেই গভীৰ হয় বিষো সিমানেই বেছি হয় ন' । দেখিছোঁ লাইলা মজনু আঁতৰি আঁতৰি থাকিব যিমানে ধৰিছে সিমানেই বেছিকৈ প্ৰেম বাঢ়ি গৈছে নে কি কৱ তই !! হয় নে বাৰু কথাটো ! তই লক্ষ্য কৰিছ নাই জানো মই হ'লে ধৰা পেলাইছোঁ ।
সিহঁতৰ কথা শুনি মই নিজক লুকুৱাবৰ বাবেই কওঁ "---তহঁতে একো বুজি নাপাৱ । ঘা যিমানেই সৱল হয় সিমানেই সোনকালে আৰোগ্য হয় কাৰণ ঘা টুকুৰাত দৰৱ ব্যৱহাৰ কৰিবলৈ সুবিধা হয় । সৰু ঘা টুকুৰা ধৰিবই নোৱাৰি ক'ত দৰৱ লগাব । আৰু কি জান চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় ।
ওৱাও !!! এই গৰাকীয়ে বৰ জানে অ' । পিছে এনেকৈ কিমানদিনলৈ পৰাগকক জ্বলাই মাৰিব কচোন । আৰে তইয়ো তাক ভালপাৱ দেচোন । কিন্তু কিয় কৈ নিদিয় সেইয়াহে আমি আজিলৈ নুবুজিলোঁ । এই আমি গম নোপোৱাকৈ ক'ৰবাত আন প্ৰমিক নাইতো ।
ইচ্ !!! এই পাগলি দুজনীৰ যে কথাবোৰ । অ' আছে কোনোবা । তহঁতকনো কিয় ক'ম ।
কি ...ই ...ই...সঁচাই বুলি কৈ দুইজনীয়ে মোলৈ মুখমেলি চাই থাকিল মোৰ কথা শুনি ।
সিহঁতৰ দৃশ্যটো দেখি মোৰ হাঁহি উঠিল । আৰু ক'লো "--- চা তহঁতে এনেই মূৰ গৰম কৰি নাথাকিবি বুজিছ । কাৰোবাৰ বাবে কান্দিব জানিলে কান্দোনতো সুখ পায় । ভাললগা ভালপোৱাবোৰৰ সুখৰ বাবে ভাললগাবোৰ ত্যাগ কৰিব পৰাটোও এটা প্ৰকৃত প্ৰেম ভালপোৱা ।
ৰীমাই ক'লে "--- ইয়াৰ এইজনীয়ে কি কয় ৰে ! কেতিয়াৰ পৰা ইমান দাৰ্শনিকৰ দৰে কথা ক'বলৈ লাগিল ৰে । এই আমাৰ ঘোঁৰা গোবৰে ভৰি থকা মাথাই এইবোৰ একোডাল বুজি নাপাওঁ ৰে । বুজাই কচোন কি কথা ৰে তোৰ এইবোৰ ।
ৰীমাৰ কথাত কথা মিলাই নিশাইও ক'লে "--- হয় ৰে বৰ ডাঙৰ কথা কৈ দিলি ৰে ! বুজিবলৈ বহুদিন লাগিব ।
সিহঁত দুজনীৰ কথাত মই ডাঙৰকৈ হাঁহি দিলোঁ । মোক হঁহা দেখি দুইজনীয়ে একো নুবুজা হৈ মোলৈ চাই থাকিল । এই মই বুজাই দিছোঁ শুন "-- আৰু খুউব বেছি এক সপ্তাহ তাৰ পাছত চাবি পৰাগে সোণালীক ভালপাওঁ বুলি ক'ব ।"
মোৰ কথাষাৰ শুনি দুইজনীয়ে জাপ মাৰি উঠিল । কি কৈছ তই । এইয়া কেতিয়াও নহয় । পৰাগে কেতিয়াও সোণালীক ভাল নাপায় । সি মাথোঁ তোকে ভালপায় তোক । পৰাগৰ ভালপোৱা সোণালী নহয় ৰূপাহে । বাৰু তই কৈছ যেতিয়া এই কথাষাৰত বাজি লগাওঁ আহ্ !! তই কৈছ পৰাগে সোণালীক এক সপ্তাহৰ ভিতৰত ভালপাৱ । আৰু আমি কৈছোঁ নাপায় । আৰু যদি তই কোৱাটো হয় তোক কোনো কথা নাই আৰু যদি নহয় তই পৰাগক ভালপাওঁ বুলি ক'ব লাগিব । এই বাজিত তই ৰাজী নে !
হেই !!! এই কেইজনী আৰু কাম বিচাৰি নাপালি ন'। এইবাৰ কথাৰ বাজি লগালি ন' । এইবোৰত মই ৰাজী বাজি লগাব নাই । মাথোঁ মনৰ কথা কৈছোঁ পৰাগে সোণালীক ভালপাৱই ।
এইটোৱেইটো আচল কথা। এতিয়া ধৰা পৰিলিতো । তই পৰাগক ভালপাৱ । পৰাগে তোৰ বাহিৰে কাকো ভাল নাপায় সেই কথা তই জান । যদি তই ভাল নাপাৱ তেন্তে বাজি লগাবলৈ ভয় কৰিছ কিয় ।
মই ভয় কৰা নাই । আনৰ ভালপোৱাত ৰাজী বাজি লগাই থাকিবৰ নো আমাৰ কিহে পাইছে ; সেয়েহে কৈছোঁ । সিহঁতৰ ওচৰত ধৰা পৰাৰ ভয়তে কৈ দিলোঁ হ'ব দে ময়ো ৰাজী আছোঁ ।
ওৱাও ; এইয়াহে আচল প্ৰেমিকা । ঠিক আছে এক সপ্তাহৰ মূৰত দেখা যাব কোন কাৰ হয় বুলি তিনিওজনীয়ে হাতত হাত মিলাই থ'লোঁ । (ক্ৰমশঃ)
অঙ্গন: পৃষ্ঠাঃ 14
এক মিনিটৰ গল্প ঃ
মানৱীয়তা
কংকনা দেৱী
সন্ধ্যা ঘৰৰ একমাত্ৰ ছোৱালী। মাক দেউতাক আৰু তাই । তেওঁলোক যিহেতু ব্ৰাক্ষ্মণ পৰিয়ালৰ সেয়ে দেউতাকে গোঁসাই ধুৱাই মাক আৰু সন্ধ্যা লগত চাহ খাবলৈ চাহৰ টেবুলত বহিল। চাহ খোৱাৰ মাজতেই সন্ধ্যাই মাক আৰু দেউতাকক ক'লে, মোৰ বৰ দৰকাৰী বস্তু অলপ ল'ব আছিল । মা, দেউতা তোমালোকৰ ভিতৰত যিকোনো এজন মোৰ লগত বজাৰলৈ ওলাব পাৰিবানে।
মাকে ক'লে পইচা বেছি নাই মোৰ হাতত । তই অকলেই যা নহ'লে। টকা ১০০০ আছে হে ,তাৰ পৰাই তোক ৭০০ মান দিলে হে বজাৰত গৈ কিবা এটা ল'ব পাৰিবি।
সন্ধ্যাইও আপত্তি নকৰি বজাৰলৈ বুলি ওলালে।
: দিয়া মা মই যাওঁ ৰিক্সালে অলপ ৰ'বও লাগিব ।
: হুঁ ল' ভালকে যাবি সন্ধিয়া হোৱাৰ আগত ঘৰ পাবিহি দেই সন্ধ্যা।
সন্ধ্যাই বজাৰ পাই দেখিলে বজাৰৰে একোণত মানুহৰ ভিৰ, তাই কিয়নো ইমান ভিৰ হৈছে জানিবলৈ মন কৰি সেই ঠাইলৈ আগবাঢ়ি গ'ল। তাই দেখিলে তাত এজনী গাভৰু অসহায় হৈ পৰি আছে। ছোৱালীজনীক সন্ধ্যাই দেখা মাত্ৰকে চিনি পালে। তাই মঞ্জিনা চুলতানা সন্ধ্যাৰ লগৰ। সন্ধ্যাই একো নভবাকৈ মঞ্জিনাক হস্পিতাললৈ লৈ গ'ল । ডক্টৰে চাই মঞ্জিনাক তেজ দিব লাগিব বুলি জনালে । সেইবাবে সন্ধ্যাই বজাৰ কৰিব যোৱা টকা কেইতাৰেই তাইৰ বান্ধৱী monjina ক তেজ দিয়াই তাইক ঘৰত থৈ আহিল । সন্ধ্যা হাতত থকা টকা কেইটা ইতিমধ্যে শেষ হ'ল ,লগৰ জনীক তেজ দিয়াৰ বাবে । মাএ ঘৰলৈ ঘূৰিবলৈ আছে হে কেই টকা মান। তাই ঘৰলৈ গ'ল। তাইৰ হাতত একো দেখা নাপায় মাক দেউতাকে নানা প্ৰশ্ন কৰিল কিন্তু তাই উত্তৰ নিদি ভাত বাহিব কলে মাকক। হাত ভৰি ধুই ভাত খাই আহি শুই গ'ল ,তাইৰ যথেষ্ট ভাগৰ লাগিছিল সেইটো যেন তাইৰ মাক দেউতাকে ধৰিব পাৰিছিল, সেইবাবে আৰু একো প্ৰশ্ন নকৰিল।
এজনী দুখীয়া ব্ৰাক্ষ্মণ ঘৰৰ কন্যা হৈয়ো এগৰাকী মুছলমান বান্ধৱীক সহায় কৰিছে ।
নিজৰ দৰকাৰী বস্তু খিনি নানি লগৰ গৰাকীৰ বিপদৰ বান্ধৱী হৈছে,এইয়াই আচলতে প্ৰকৃত মানৱতা বোধ।
অঙ্গন: পৃষ্ঠাঃ 15
অনুভৱ
শূণ্যতা অনুভৱ
জয়শ্ৰী শৰ্মা
পৃথিৱী খন বৰ খালী খালী হৈছে ও তোমাৰ অদৃশ্যতাই হাহাকাৰ কৰি উঠে, কাহানিও ভাবিব পৰা নাছিলোঁ এদিন অজান দেশ লৈ গুচি যাবা, শূণ্যতা অনুভৱ কৰিছোঁ,
এনেকৈয়ে খালী হৈ পৰে নে ? বট বৃক্ষ দৰে আগুৰি আছিল চাৰিও দিশ,
কজলা ,কপিলী ,নয়ন, গজ গামিনি খোজ ,
যি ঠাইত পৰিছিল তোমাৰ পদ ধূলি,
তাতেই পবিত্ৰতা বৰষিছিল । বৰ খালী খালী হৈছে অ' যি দিনাৰ পৰা তোমাৰ ফটো খন ফ্ৰেমত ভৰাই নিতৌ পুৱা গধূলি প্ৰদীপ জ্বলাই হৃদয় চুই যোৱা বহু কঠিন মনেৰে তোমাক চাওঁ, তেতিয়াই অন্তৰ আত্মাক বুজাব নোৱৰা এক অনুভূতিৰে মনটো সেমেকি উঠে। প্রতি দিনে নিশাই তোমাৰ পাৰ্থিৱ শৰীৰৰ অভাৱ।
তুমি নোহোৱা হোৱাৰ লগে লগে ঘৰ খনৰ যেন সেই গহীন গম্ভীৰ বৰ্তমান নাইকীয়া হৈ গৈছে। যাব বিচাৰোঁ তোমাৰ মাত সাৰ শুনিব, তুমি যে সদায় মাতি থাকিছিলা , কিবা এটা বনাইছোঁ খাই যা । নাযাওঁ বুলি ভাবোঁ, বহুত কিবা কিবি অজুহাত দেখুৱাই তোমাৰ মনটো পৰীক্ষা কৰিবলৈ এতিয়া তুমি অতীত হৈ গলা ।
এতিয়াও মনটোৱে ভাবি থাকে তুমি ফোন কৰি মাতিবা , অলপ পিছতে আকৌ সেমেকী উঠে কোনে ফোন কৰিব ? পিঠা পনা নানা তৰহৰ ব্যঞ্জন নিমিষতে বনাই কোনে ৰৈ থাকিব ? দিনটোত কিমান যে খবৰ লৈ থাকে কত আছোঁ কি কৰিছোঁ, সকলো কৈফিয়ত দিব লাগে।
আছোঁ দিয়া আমাক অকলে থৈ আজান দেশলৈ যাবলৈ ইমান সোনকালে কিহৰ দৌৰা দৌৰি আছিল ? হাহাকাৰ কৰি উঠে তোমাৰ অদৃশ্যতাই । তথাপিও আছোঁ, বুজিবলৈ চেষ্টা কৰিও প্ৰকাশ কৰিব নোৱাৰোঁ তোমাৰ যে পাৰ্থিৱ শৰীৰ আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছে ।
কলিং বেলটো বাজিলে, তুমি যে আহিছিলা নিৰ্দিষ্ট সময় টোত হঠাৎ চক খাই উঠো, দৌৰি যাওঁ মা আহিছে, কিন্তু নহয় নিয়তিৰ কি নিয়ম , তোমাক ভগৱানে লৈ গ'ল । সৰ্বশৰীৰ তেতিয়া কঁপি উঠে, মাত্ৰ অশ্ৰুসিক্ত নয়নৰে উভতি আহোঁ আৰু মনটোক নিজেই বুজাব চেষ্টা কৰোঁ, ....... সুধা কণ্ঠ ভূপেন হাজৰিকা দেৱে গীতৰ আধাৰত লিখি থৈ যোৱা . সকলোৱে দেখোন , "আমি একে খন নাওঁ ৰে যাত্ৰী "
শিক্ষয়িত্ৰী
নলবাৰী, অসম
সাহিত্য সমাজৰ দাপোন য'ত যুগ যুগান্তৰৰ চিন্তা ভাৱনা, মত আদৰ্শ, সত্য, যুক্তি বিজ্ঞান আৰু কল্পনাৰ পৃথিৱীখন উদ্ভাষিত হৈ পৰে । কৃষ্টি, সংস্কৃতি, লোকাচাৰ আদিয়ে মূৰ্ত্তমণি হৈ পৰে সাহিত্যৰ ক্ষেত্ৰখনত। যুৱ কবি মুকতাৰ আলীৰ অন্যতম নতুন সংকলন 'এপাচি সৰাপাত' । ইয়াৰ পূৰ্বেও ২০২২ চনত 'নীলিম' আৰু ২০২৩ চনত 'তেজৰ চেঁকুৰা' প্ৰকাশ পোৱাৰ পাছত ২০২৫ চনত 'এপাচি সৰাপাত' প্ৰকাশেৰে কবিতাপ্ৰেমী ৰাইজলৈ সু-খবৰ কঢ়িয়াই আনিছে। কোকৰাঝাৰ পৰ্বতঝোৰা সমষ্টিৰ মদাতী পাহাৰ অঞ্চলত ১৯৯৭ চনৰ ১০ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা মুকতাৰ আলী কদম আলী আৰু খতেজা বিবিৰ সুযোগ্য সন্তান। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানত অধ্যয়নৰত মুকতাৰ আলীয়ে একেৰাহে অসমীয়া সাহিত্য জগতৰ নৱতম সৃষ্টিৰাজিৰ স'তেও ওতঃপ্ৰোতভাৱে জড়িত। যুৱ কবিজনাই ২০২৫-২৬ বৰ্ষৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মুখপত্ৰ 'জীপাল'ৰ কাৰ্যকৰী সম্পাদকৰ পদ গ্ৰহণ কৰি কাব্যিক চিন্তাৰ অগ্ৰগতিত সহায় কৰিছে।
প্ৰকৃতিৰ প্ৰতিটো ছন্দয়ে কবিতাৰ আদিপাঠ। কবিৰ মৌন ওঁঠত বিৰাজমান হোৱা বাক্যৰ বাস্তৱৰূপ হৈছে কবিতা। জীৱন নামৰ বটবৃক্ষৰ সেউজীয়া চিন্তাধাৰাক কবিতাই জীপাল কৰি অধিক সেউজীয়া কৰি তোলে। সংবেদনশীল তৰুণ কবি মুকতাৰ আলীৰ মানস সন্তান 'এপাচি সৰাপাত', মিশ্ৰিত অনুভূতিৰ সংকলন।
বৰ্তমানৰ পৰিস্থিতিক প্ৰাধান্য দি কবিতাৰ সৃষ্টি প্ৰক্ৰিয়া অটুট ৰাখি কবি আৰু কবিতাক নিটোলকৈ বান্ধি ৰাখিছে—
কৰুণতা হতভম্ব/ সন্ত্ৰাসবাদৰ অমানৱীয় কাণ্ড/ পেহেলগামৰ ঘাঁহনিয়েও চিঞৰিছে/নৃশংস দৃশ্যৰ সাক্ষী হৈ।
সফল জীৱনবাটত আহি পৰা প্ৰত্যেকটো প্ৰত্যাহ্বানৰ আওটা লৈ সাঙুৰি লোৱা অনুভৱৰ টোপোলাত—
প্ৰত্যাহ্বান/ এক নতুন দিগন্তৰ সন্ধান/ য'ত সপোনৰ ঘুমটি ভাগে/বাটত কুঁৱলি তুষাৰ নামে/ক'লা ডাৱৰে প্ৰেৰণাৰ আকাশ আৱৰে।
কবিতা একোটাৰ প্ৰতিটো শব্দই নিৰ্বিকাৰভাৱে বৈ যায় কবিৰ বুকুৰ অন্তৰ্নিহিত কোনো কোণৰপৰা পঢ়ুৱৈৰ বুকুৰ গভীৰতালৈ—
মোৰ কবিতা/অকল কবিতা নহয়/মোৰ হৃদয়ৰ পৰা নিগৰা একো একোটি ভাব/ যি অনুভৱত মোৰ আশাই ৰূপ পায়/ মনে শান্তি পায়/জী উঠে মোৰ কলৰৱ।
যুৱ কবি মুকতাৰ আলীৰ কবিতাত স্পষ্ট হৈ পৰা সেউজীয়া অনুভৱ আৰু চিন্তাধাৰাবোৰ অধিক সেউজীয়া হৈ পৰক। আশা কৰোঁ "এপাচি সৰাপাত" কিতাপখনে সামৰা সেউজীয়া অনুভৱৰ টোপোলা পাঠকসমাজে আকুলতাৰে আকোঁৱালি ল'ব।
গুৱাহাটী
ভ্ৰাম্যভাষঃ ৯৮৬৪২-১৯৪৯৩
অঙ্গন: পৃষ্ঠাঃ 17
অণুগল্প
ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী আৰু শিক্ষা
মনোৰমা
ইয়াত প্ৰতিটো শ্ৰেণী কোঠাত ১৫ টা মান ছাত্ৰ ছাত্ৰী থাকে ।প্ৰাইমাৰী স্কুলবিলাকত এগৰাকী বা দুগৰাকী শিক্ষকে সকলো বিষয় শিকায় । কিন্তু হাইস্কুলত প্ৰত্যেক বিষয়ত একো গৰাকী শিক্ষক নিয়োজিত হয় বাবে শিক্ষকৰ মানসিক চাপ কম । শিক্ষকে সৰুৰে পৰাই ছাত্ৰ ছাত্ৰীক মৰেল এডুকেচন শ্ৰেণীকোঠাতে দিয়ে বাবে সৰুৰে পৰা সত্য কথা সাহসেৰে কবলৈ শিকে । শ্ৰেণী কোঠাত কোনো ছাত্ৰ ছাত্ৰীক শিক্ষকে মাৰ পিট কৰিব নোৱাৰিব , আৰু পিতৃ মাতৃ নতুবা অভিভাবকেও মাৰপিট কৰিব নোৱাৰিব । কৰিলে আইনমতে দণ্ডনীয় হব । আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক । সুস্থ সবল মনোবৃত্তিৰে ডাঙৰ দীঘল কৰাটো প্ৰত্যেক পিতৃ মাতৃ, শিক্ষক, অভিভাবকৰ দায়িত্ব বাবে ছাত্ৰ ছাত্ৰীয়ে মুকলিকৈ সকলো কথা শিক্ষক, অভিভাবকক ব্যক্ত কৰে । মিছাৰ প্ৰলেপেৰে তেওলোকৰ নৈতিক চৰিত্ৰ গঠন নহয় বাবে তেওলোক সাহসী আৰু দূৰ্জেয় । বতৰ চাই ৰঙ সলোৱা সবভাৱ তেওলোকৰ দেহত নাই । সেয়ে তেওলোকৰ বাবে ধনী দুখীয়া, উচ্চ নীচ, জাত পাত, চাকৰিয়াল নিবনুৱা, সকলো সমান বাবে মানুহবিলাক সহযোগী, মৰমীয়াল আৰু হাঁহিমুখীয়া ।।
বস্তন
আমেৰিকা
অঙ্গন: পৃষ্ঠাঃ 18
অনুবাদ কবিতাঃ
AUTUMN
(By Charles Baudelaire, 1821-1867)
Soon we will plunge ourselves into cold shadows,
And all of summer’s stunning afternoons will be gone.
I already hear the dead thuds of logs below
Falling on the cobblestones and the lawn.
All of winter will return to me:
Derision, hate, shuddering, horror, drudgery and vice,
And exiled, like the sun, to a polar prison,
My soul will harden into block of red ice.
I shiver as I listen to each log crash and slam:
The echoes are as dull as executioner’s drums.
My mind is like a tower that slowly succumbs
To the relentless battering ram.
It seems to me, swaying to these shocks, that someone
Someone is nailing down a coffin in a hurry somewhere.
For whom? it was summer yesterday; now it’s autumn
Echoes of departure keep resounding in the air.
শৰৎ
অনুবাদ:- প্ৰাণ কৃষ্ণ গোস্বামী
(‘AUTUMN’ by Charles Baudelaire, 1821-1867)
অচিৰেই আমি শীতল ছাঁয়াত বুৰ মাৰিমহঁক
গ্ৰীষ্মৰ তাপত সৰিয়হ ফুল দেখা আবেলিবোৰ শেষ হ’ব
ইতিমধ্যে মই শুনিছোঁ গছৰ কটা শুকান ডাল
তলৰ টান মাটি আৰু ঘাহঁনিত পৰা শব্দবোৰ।
সমস্ত শীত মোৰ বাবে আহিব ঘুৰি:
পৰিহাস, ঘৃণা, গেবাৰিখাটনি, আতংক আৰু কুকৰ্ম,
আৰু, সৌৰজাগতিক পোতাশালত নিৰ্বাসিত সূৰ্যটোৰ দৰে,
মোৰ আত্মাও হ’ব গোটমাৰি শিলা হোৱা ৰঙা বৰফ।
তলত পৰা প্ৰতি টুকুৰা কাঠৰ শব্দত কঁপি উঠোঁ মই,
প্ৰতিধ্বনিবোৰ যেন ফাঁচীশালৰ ঢোলৰ শব্দৰ দৰে নিস্তেজ।
জাগতিক, উত্তাল তৰঙ্গৰ অহৰহ প্ৰহাৰত
মোৰ মন যেন ভূপতিত হ’ব খোজা এটি স্তম্ভ।
ভাব হৈছে, এইবোৰত আতংকিত হৈ, কোনোবাই
খৰখেদা কৰি ক’ৰবাত এটা কফিন সাজিছে,
কাৰ বাবে বাৰু ? কালি গ্ৰীষ্ম আছিল; আজি শৰৎ আহিল,
আকাশে বতাহে এতিয়া প্ৰস্থানৰ পদধ্বনি।
(ফৰাছী কবি চাৰ্লচ বোদলেয়াৰ (১৮২১-১৮৬৭) উনবিংশ শতিকাৰ এজন প্ৰসিদ্ধ কবিয়েই নহয়, তেওঁক বিশ্ব সাহিত্যৰ বুৰঞ্জীৰ এক উজ্বল নক্ষত্ৰ বোলা হয়।প্ৰথমতে তেওঁ ছদ্ম নামতহে কবিতা লিখিছিল, পিচলৈ নিজৰ নামত লিখিলেও তেওঁৰ প্ৰথম কাব্য সংকলন ‘The Flowers Of Evil’ (ফৰাছী ভাষাত) প্ৰকাশ পায় ১৮৫৭ চনত। ১৮৬২ চনত বোদলেয়াৰৰ একুৰি ‘কথা-কবিতাৰ’ এক সংকলন প্ৰকাশ পায়। তেওঁৰ মৃত্যুৰ পিচত মুঠ আঢ়ৈকুৰি ‘কথা-কবিতাৰ’ আন এটা সংকলন প্ৰকাশ কৰা হয়। বোদলেয়াৰ তেওঁৰ সময়ৰ এজন আধুনিক আৰু প্ৰগতিশীল (Radical) লেখক আছিল। তেওঁৰ এনে প্ৰগতিশীল ভাৱধাৰাৰ প্ৰভাৱ বিংশ শতাব্দীৰ টি এচ ইলিয়ট আদি বিখ্যাত সাহিত্যিকসকলৰ ৰচনাতো পৰিলক্ষিত হয় বুলি বিজ্ঞসকলে মত পোষন কৰে।)
ঠিকনা:
কাহিলিপাৰা, গুৱাহাটী
মো: নং ৯৪৩৫৪০৯৯৬০/
৯৯৭১৪৭৭৪০০
অঙ্গন: পৃষ্ঠাঃ 19
কবিতাঃ
আৰুনো কিমান দিন পূৱে ঢলফাট দিবলৈ
ড০ হৃদয় ৰঞ্জন দাস
এদিন আহিবাচোন...
প্ৰাত্যহিক কাম-বনবোৰ দিনটোৰ অঁতাই
ভাটিবেলা,
নৈয়ে এৰা বালিচাপৰিৰ কঁহুৱানিডৰাৰ কাষতে কাকডোঙাৰ গৰাতে বহিম ;
আহিবাচোন এদিন......
নিলাজীবনৰ দৰে লাজকুৰীয়া স্বভাৱগত লাজুক-লাজুক পদূমপাহীৰ
চাৱনিৰে,
অথচ ফুলপাহৰ দৰে গোলাপী-বেঙুনী ৰাংঢালি হৈ,
বুটা বছা চাদৰৰ আঁচলৰ আঁৰত মুখ লুকুৱাই মোলৈ চোৱা আজিও ভাঁহে দুনয়নত,
তোমাৰ হাস্য বদনত হাত থৈ
আঙুলিৰ মাজেৰে চোৱাৰ
অবিস্মৰণীয় ক্ষণে আজিও
শিহৰণ তুলে ব্যাকুল মনত ;
এদিন আহিবাচোন.....
মোৰ দীঘল উশাহবোৰ
চুটি হৈ হৈ চিৰদিনলৈ
বন্ধ হৈ যোৱাৰ আগতেই,
ক্লেশ কিম্বা সুখৰ,আত্মিয়তাৰ
বাৰ্তালাপ কৰিম মন খুলি,
বিৰহ বেদনা তথা আনন্দৰ
বাৰ্তা কঢ়িয়াম প্ৰাণ খুলি,
নিবিড় ভাৱে আলাপ কৰিম
মৌবৰষা স্মৃতিবোৰ সজীৱ কৰি ,
চিনাকি দুওঁঠৰ উমাল পৰশত
উশাহবোৰ সলাম ইটোৱে সিটোৰ প্ৰণয়ত ওপচি,
সোঁৱৰণী বোৰচোন সোঁৱৰণী
হৈয়েই থাকি যায় হৃদয়ত
আলাসেৰে সাঁচি ৰখাভাগেই
ইহজীৱনটোলৈ,
সময় ওকলি যায়,
সৰি পৰে সৰাপাত হৈ,
উশাহকণ নটনাকৈ কেনেকৈনো জীৱন জীয়াইছা
সাত সাগৰ তেৰ নদীৰ সিপাৰে নীৰৱে-নিৰলে
উদং বুকুত কেঁচা কলিজাকণ সাবটি অহৰ্নিশে ,
এবাৰলৈও শিতানৰ গাৰুটো
নিতিতেনে তোমাৰ
উজাগৰী নিশাৰ নিতালমৰা ক্ষণবোৰ গণি গণি,
এবাৰলৈও হেপেহুৱা বুকুখন নকঁপেনে তোমাৰ
সেমেকা শীতৰ নিজম নিশা
সুদূৰৈৰ ভাঁহি অহা উচুপনিবোৰ শুনি,শুনি,
কেতেকীৰ বিননি সমীৰণত ভাঁহি অহা শুনা যায়,
ব্যাকুল হিয়াৰ বিননি
সুদূৰত জানো শুনা যায়,
আৱেগত মোচৰমাৰি নিয়া
বুকুখনক কিমান বুজাবাআৰু,
অৱগুণ্ঠনৰ আঁৰত কিমান বোৱাবা তপত নিজৰাআৰু
প্ৰাপ্তি-অপ্ৰাপ্তিৰ অমিল হিচাপ-নিকাচবোৰ কৰি ;
এদিন আহিবাচোন....
সুমধুৰ প্ৰণয়ৰ ঢৌত উটি যাম নিৰবধি,
একাত্ম হৈ পাহৰি যাম
দুখৰ পাহাৰবোৰ,
অমৰ মিলনৰ গীত গাম একাকাৰ হৈ,
বোকাৰ অবিহনেজানো পদূম ফুলে কেতিয়াবা,
সূৰ্য্যমুখীৰজানো হেঁপাহ পলায়
সূৰুযৰ হাস্য বদনলৈ চাই কাহানিবা,
ভৰ আঁউসীৰ ওৰেটি নিজম নিশা
নিৰলে উজাগৰে কটোৱা
বৰ কঠিন ;
আঃ, আৰুনো কিমান পৰ
পূৱে ঢলফাট দিবলৈ ...
অঙ্গন: পৃষ্ঠাঃ 20
ফিকা চাহৰ ভিকাচন
ৰাজেন বৰা
সময় দিবলৈ সময় নোহোৱা সময়
অৰ্থৰ সৈতে সম্বন্ধ পাতি অৰ্থহীন সম্বন্ধ
চৌপাশে উদ্ধত ঔৰ্দ্ধদেহিক ভিকাচন
আৰু আমি সময় নাটকৰ ভাৱৰীয়া
মানুহ কাটি মানুহ জোৰা দিয়া
মানুহ...
ৰাৱণে মুখত চন্দন সনাৰ আজি আৰু কিবা প্ৰয়োজন
কিবা প্ৰয়োজন মুখাৰ, মুখাই যেতিয়া সমাদৃত সমাজৰ
মঞ্চত চফা বটলৰ ৰঙা চাহ ঢোকাঢোকে পি
এতিয়া আৰু কোনে দিয়ে ভিকাচন
ভিকাচন গোটেইখন...
অঙ্গন: পৃষ্ঠাঃ 21
শৰৎ সমগ্ৰ
গীতাঞ্জলি দেৱী
সেমেকা আঙুলিৰ ফাঁকেৰে চিনোঁ-নিচিনোঁকে সোমাই অহা কোমল পুৱাতে মোৰ যাত্ৰা
দুচকুত তৃপ্তিৰ এক অনন্ত ক্ষুধা।
ডঁৰিকৰ বাট চিনোঁতে মোৰ অকনো পলম হোৱা নাছিল ,
গাখীৰতী ধানৰ ঠোক এটি এই ল'ৰে-এই সৰে
এয়াই চোৱা সেই কুকুহা অহাৰ বাট ।
' নূপুৰ পিন্ধা নিশাটি কেতিয়াকে যায় ' মোৰ এনে লাগে ,
শুকুলা ওৰণি টানি আইতাই
পদুলি সঁৰাৰ আগেয়ে মই পাবগৈয়ে লাগিব
মণি-মণিকৈ পৰি থকা এচোতাল শেৱালি বুটলিবলে'।
কঁহুৱাৰ আঁৰ লৈ বহোঁচোন আহাঁ ,
মোৰ হিমসনা আঙুলিত আঙুলি থৈ তুমি ক'বা অনেক নোকোৱা কথা ।
মোৰ লাজুকীয়া হাঁহিবোৰ পিন্ধি
ন-নৈৰ গঢ়ায়েদি তুমি উঠি আহিবা ,
ময়ো দেখোৱাম তোমাক
বেলিৰ পোহৰ পৰি কিদৰে জিলিকে দুবৰিত পৰি থকা কণমানি মুকুতা ।
অঙ্গন: পৃষ্ঠাঃ 22
শৰৎ
জীতেন নৰহ
চপৰা চপৰ শুকুলা ডাৱৰ
উবুৰি খাই পৰিছে
নদীৰ ফটিক যেন পানীত।
সংগ বিচাৰি বাউলি হৈছে
নৈ কাণৰ কঁহুৱানি।
সেউজীয়া অৱগুণ্ঠন ভেদি
থোৰমেলা ধানৰ চিনাকি গোন্ধ এটাই
পথাৰত পিয়াপি দি ফুৰিছে।
শুকাই অহা বিল-পুখুৰীত
কমাই থকা মুৱা, পুঠিবোৰ
ফৰিং চিটিকা দিছে
শ'ল, বৰালিৰ আগ্ৰাসী আচৰণত।
সন্ধ্যাতে সাজি-কাচি
নৈশ ভ্ৰমণত ওলোৱা
শেৱালিৰ অতনু সুবাসে
ৰঙা গ্ৰহ এটাক নিচুকাই
নাতিশীতোষ্ণ ৰাতিবোৰক
মায়াময় কৰি তুলিছে।
"ইউৰেকা ! ইউৰেকা !! .."
আৰ্কিমিডিছৰ দৰে
মই চিঞৰি উঠিব পৰা নাই।
অথচ সকলো দেখি আছোঁ,
মৌনতাতো মূৰ্তমান তোমাৰ বুকুৰ
ইংগিতময় সাংগীতিক মূৰ্চ্ছনা !
অঙ্গন: পৃষ্ঠাঃ 23
পানশালা
ডঃ ভূপেশ ভাগৱতী
প্ৰত্যেক পানশালাতে মোৰ বন্ধু আছে !
প্ৰত্যেক পানশালাতে মোৰ বন্ধু আছে
প্ৰতিটো ৰাতিয়ে তাত হেঁপাহৰ আৰব্য ৰজনী
অকুন্ঠিত সত্য তাত ছয়াময়া পোহৰতো জ্বলে
অমৃত মৃত্যুৰ আকুল আকুতিত
আত্মঘাতী অযুত পতঙ্গ
আৰ্জিত সভ্যতা বোকোচাত লৈ ঈশ্বৰৰ পুত্ৰ দোলে।
পানশালা আছে যদি নৰকলৈ ভয় নাই মোৰ
পথ কেনি কোৱা
যদি আছে তাতে আছে
মোৰ ভগৱান,
সৰগ-নৰক, প্ৰেম আৰু প্ৰিয়া।
প্ৰত্যেক পানশালাতে মোৰ বন্ধু আছে
চকুৱে বুকুৱে যাৰ
অকথিত এহেজাৰ এনিশাৰ সাধু।
অঙ্গন: পৃষ্ঠাঃ 24
তিনিটা কবিতা
চিন্ময় বৰুৱা
প্ৰতাৰণা
আপোন যেন সূহুৰি এটা
ৰিঙি ৰিঙি ভাঁহি আহে অদূৰৰ পৰা
ওচৰ পাই দেখোঁ
সিও এটি মৰীচিকা মাথোঁ ।
আঘাত
বাৰে বাৰে কিয় বাউলী হয় বুকুখন
নিথৰ এটি হুমুনিয়াহ সাৱটি
শিল হৈ পৰে হৃদয়খন ।
বিষাদ
সংকট কালত তুলি ধৰিছিলোঁ
তোমাৰ আলফুল দুখনি পাখি
এতিয়া উৰিব পৰা হ'লত
হেৰাল চিনাকি....
(যোৰহাট)
অঙ্গন: পৃষ্ঠাঃ 25
আত্মপাঠ
মনালিছা শইকীয়া
কোনে জানে জীৱনৰ সঠিক ঠিকনা
এৰি অহা সময়ৰ বুকুত খোদিত যাৰ আত্মকথা
কাতৰ দুচকুত এআকাশ আকুলতা লৈ
কলিজাৰ নিভৃতত উজ্বলে প্ৰিয় সময়ৰ দস্তাবেজ
কোন স'তে উভতো আজি
কচোন অ' হেঙুলীয়া সময়
হালধীয়া পাতৰ বুকুত খোদিত
অহেতুক প্ৰেমৰ নিৰ্মম আত্মকথা
হেৰোৱা দিনৰ ৰিঙা ৰিঙা মাত এটাত
কঁপি কঁপি কাতৰ হোৱা শেঁতা চকু কেইটাত
আমিযে লিখিছিলো জুৰ পৰা দিনৰ কত সাধুকথা
কি লিখিছিলো
কি বুজিছিলো
কথাবোৰ , সাধুবোৰ
মোলান পৰি আহিছিল বাটৰ বুকুত
ম্ৰিয়মান সময়
ম্ৰিয়মান হৃদয়
চাচোন চা
এন্ধাৰ বাটবোৰ কেনেকৈ উজ্বলে
এধানমান জোনাকীজাকৰ পোহৰত
আহ
আজি আমিও
ন কৈ আওঁৰাও জীৱনৰ নতুন পাঠ...
(বোকাখাত
ফোন নংঃ ৭০০২৯৩৮৮৩৬)
অঙ্গন: পৃষ্ঠাঃ 26
মাটিতেই ৰচিম সৰগ
ৰুমী চাংমাই
এনেয়ে...
সদায় আহিবাচোন তুমি
মোৰ সৰু চহৰখনলৈ
তুমি আহিলেই
তোমাৰ খোজত ফুলিব
মোৰ বাগিচাৰ প্ৰতিপাহ খৰিকাজাঁই
তোমাৰ এটা হাঁহিত
উত্তাল হ'ব মোৰ প্ৰতিটো সন্ধ্যা
উদুলি-মুদুলি হ'ব
মোৰ সৰু চহৰৰ প্ৰতিটো পদূলি
আহিবা ! আহিবানে ?
খোজ কাঢ়িম এক মূহুৰ্ত
অনাবিল সুখানুভূতি কঢ়িয়াই ল'ম
নিৰিবিলি সময়ে গুজি দিয়া বুকুত
তোমাৰ হাঁহিৰে ঐন্দ্ৰজাল গাঁঠি
মাটিতেই ৰচিম সৰগ
মোৰ দুষ্টালিত তোমাৰ মৰমবোৰ
অভিমান হৈ ওন্দোলি উঠিব তোমাৰ মুখত
আৰু মই----
মই পাগলৰ দৰে হাঁহি হাঁহি
উপভোগ কৰিম সেই ভালপোৱা
তুমি মুখ ফুটাই ক'ব নোৱাৰা
হাৰি যাম বুলি নাভাৱিবা অনামিকা---
চুই চাম, এবাৰ মাথোঁ চুই চাম
তোমাৰ সুকোমল দুভৰি অকণি অকণি
জোঙা জোঙা আঙুলি দুহাতৰ তোমাৰ
পবালি পবালি.....
লাজত মুখ ঢাকি তুমি কিন্তু নুলুকুৱাবা
সেই মিচিকিয়া হাঁহি
যি গ'ল সৰকি মোৰ বুকু ভেদি
জানো, তুমি নীৰৱে থাকিবা
মোৰ কথাবোৰ শুনি শুনি তুমি হাঁহিবা
মোৰ চকুলৈ চাবা মিচিকিয়া হাঁহিটো আঁৰি লৈ---
হাঁহি থকা দুচকুৱে কিন্তু তাকেই ক'ব
তুমি সোমাই আহিছা মোৰ বুকুৰ ভিতৰলৈ
আৰু
মই হৈ পৰিম আটাইতকৈ সুখী মানুহজন
এই---অনামিকা
কোৱা আকৌ আহিবানে
খোজত পদুম ফুলাই
হাঁহি খিলখিলাই
দেহৰ ভাঁজত সন্ধ্যাৰ জোনাক সানি
মোৰ পদূলিত সুখৰ সংজ্ঞা সিঁচিবলৈ!
বৰ মন যায় জানানে
তোমাৰ বেৰিয়া গজা দাঁতটো চাই চাই
বুকুত আলফুলে গুজি ল'বলৈ
এজাক ধুমুহা
অঁ! এজাক ধুমুহা!
মই বিধ্বস্ত হ'ব খোজো সেইজাক ধুমুহাত
য'ত আছে প্ৰফুল্লতা
য'ত আছে সন্তুষ্টি
য'ত আছে নামবিহীন এজাক পখীৰ কাকলি
তোমাৰ হাঁহিটো গুজি দিয়া মোক
ডুব যাব দিয়া তোমাৰ সৰলতাত
তোমাৰ নিৰ্দোষ চঞ্চলতাত হেৰাই যাব দিয়া মোক
তুমিও বৈ আছা মোৰ বুকুৱেদি
সা ৰে গা মা হৈ
আহিবা! আহিবানে অনামিকা মোৰ চহৰলৈ
সদায় সন্ধ্যা এমুঠি হাঁহি লৈ!
অঙ্গন: পৃষ্ঠাঃ 27
কথা
নিৰুজ তামুলী ফুকন
কথাৰ হ্ৰদ এটাত আমি আকন্ঠ ডুবি থাকো
বহু এৰি অহা , বহু লৈ ফুৰা কাহিনীৰে উপচি থকা
এটা হ্ৰদ
বহু কথা সংগোপনে জুপুকা মাৰি থাকে বুকুত
স্নিফাৰ ডগৰ দৰে শুঙি শুঙি সন্ধান কৰে কেতিয়াবা, কাৰোবাক,
নিজানত, ভিৰত ৰুদ্ধদ্বাৰ খুলিবলৈ
জোনাক বিধৌত ৰাতি আইতাৰ চোতালত পতা কথাবোৰ এতিয়া পুৰাতন ৰূপকথা
কথা ভগাই লোৱাৰ জানো
বয়স থাকে !
মন মেলাৰ জানো সময় থাকে!
সময়ৰো সময় নাই
ৰৈ থাকে পৃথিবী
সাৰে থাকে কথা
আয়ে কয়--
তহঁতৰ ইমান কথা নে --?
হয় ইমান কথা পাতিলো শেষেই নহ'ল চোন
গাঁৱৰ ধূলিত আমাৰ
কিমান যে কথাৰ বতাহ - -।
(শিৱসাগৰ, আমগুৰি)
অঙ্গন: পৃষ্ঠাঃ 28
দুঃসময়
শ্ৰীমতী মনালিছা দলে
নিসংগতাৰ উজাগৰি নিশাত
নিজেই নিজক শুনাওঁ
নিৰাশাৰ, হতাশাৰ গান
নুশুনে কোনেও,
অভিমানী হৈ
আকাশৰ জোন লুকাই
সুযোগ পাই
নিন্দ্ৰাই লগ এৰি দিয়ে ।
জপাই ৰাখিব খুজিও
চকুহাল মেল খাই
হৃদয়ৰ উশাহ ঘন হয়।
নিষ্ঠুৰ বেদনাৰ পৃষ্ঠা চিকুটি থাকে মানেই
নিশাটোৱে নাযায় নুপুৱায়।
জীয়াই থকাৰ আস্থা হেৰুৱাই
হৃদয়ে কান্দে
চকুপানী বৈ আহে
জীৱন যৌৱনৰ সমস্ত জ্বলা-যন্ত্ৰণাই
বুকুত খুন্দিয়াই ।
অকণমানি মন, এই ধৰা এৰি
হেৰাই যাব বিচাৰে ,
আনে নেদেখা দেশলৈ
গুচি যাব বিচাৰে ।
আত্মীয়তাৰ চকুৰ আঁতৰ হৈ
এখন সুখৰ ঠাই বিচাৰি ফুৰে
শেষত ভাৱনাই অস্তিত্ব হেৰুৱাই
ডিঙিত ৰছী মেৰিয়াই
স্বৰ্গ বিচাৰি মৰ্ত্যক বিদায় দিব খুজে।
উহ্ ! ই কেনে দুঃসময়
আজীৱন আঁতৰাই ৰাখিব বিচাৰোঁ।
(গাঁও- কুলামূৱা
জিলা - মাজুলী)
অঙ্গন: পৃষ্ঠাঃ 29
যি বাটত কৃষ্ণচূড়া নুফুলে
চাজিয়া বেগম
এদিন সকলোবে যাব লাগিব
সেই বাটেৰে
যি বাটত কৃষ্ণচূড়া নুফুলে
যি বাটত নাহৰ নুফুলে
কেতিয়াও ঘূৰি নহাৰ প্রতিশ্রুতিৰে
এদিন সকলোৱে যাব লাগিব
সেই বাটেৰে
যি বাটে চিনে আকাশৰ সীমনা
যি বাটে জানে সূৰ্যাস্তৰ ঠিকনা
কোনেও নাজানে
আপুনি আগত যাব নে মই আগত যাম
সেই বাটেৰে
যি বাটত কৃষ্ণচূড়া নুফুলে।
(ফোন- ৬০০৩৫১০৫৫৮)
অঙ্গন: পৃষ্ঠাঃ 30
ফেদেলী পুৰাণ
মিতালী শৰ্মা
সাজি কাঁচি গ’লো কবিতা গাবলৈ বুলি
লৰালৰি কোবত আউলি-বাউলি চুলি
দহবজাৰ প্ৰগ্ৰেম
উদ্যোক্তাৰ যিহে ভেম ৷
ভোকে পিয়াহে সবাৰে পেট গ’ল জ্বলি ৷
সভাৰ সময় যদি দিয়ে দহ বজা
দুঘণ্টা আড্ডাত বহি খাই ল’বা গজা ৷
অসমৰ সময়ত
দুঘণ্টা হয় পাছত ৷
বাতৰিয়েহে উৰুৱাই বিজয় ধ্বজা ৷
বক্তাই ভাষণ দিয়ে নিজতে মগন
কান্ধত গামোচা পিন্ধি আনন্দ বদন ৷
বক্তৃতা দি যায়
শ্ৰোতালৈ খবৰ নাই ৷
প্ৰসংগ সংগতি এৰি অৰণ্য ৰোদন ৷
অঙ্গন: পৃষ্ঠাঃ 31
জীৱনৰ জোনাকী বাটত
পদাতিক’ গণেশ চন্দ্ৰ কছাৰী
জীৱন এটা পাবলৈ
পাৰ হৈ আহিলো তেজাল সময়
তেলাল শিল এটাৰ ওপৰেদি
লৈ দুয়ো হাতত দুটা সূৰ্য্য !
কেতিয়া জানো পাইছিলো
সুন্দৰ এখন গোলপীয়া জোন ভৰা মুখ
এখন সেউজীয়া আকাশী পথাৰ
তেওঁ তেতিয়া টোপনিত লালকাল আছিল
সময়বোৰ উৰি গৈছিল পাখি লগা কাড় হৈ !
এজাক বগলী উৰিছিল আহাৰৰ সন্ধানত
আকাশী পথেৰে জলৰাশি ধিয়ায়
কুঁৱলী ভৰা এখন চাদৰৰ মাজেৰে
স্থিৰ আছিল দৈনন্দিন যাত্ৰাত
বাট হেৰুৱা বাটৰ মেলাৰে !
লেইলেই ছেইছেই জীৱনৰ গতিত
আঁত নোপোৱা ৰঘুমলাৰ মেৰপেছত
হেৰুৱা ছন্দ ঘূৰাই পাবলৈ অহৰহ যুঁজ
উৰণীয়া মনটোত কলিতে পতঝৰ দি
মাত্ৰাধিক মূল্যবৃদ্ধিৰ মূল্যায়ন নোহোৱাকৈ
ফটা চোলা সী-লবলৈয়ো ঠাই নোহোৱা হৈ !!
অঙ্গন: পৃষ্ঠাঃ 32
অমূল্য জীৱন... এক দূৰ্লভ যাত্ৰা
সত্য নাথ শৰ্মা
আমি
মানৱ
ধৰ্ম
মানৱতা
উপদেশ-আৰ্হি
মহাপুৰুষৰ।
আদৰ-সন্মান
গুৰু-গোঁসাইৰ।।
অতি সুন্দৰ
প্ৰকৃতিত
জীৱন
আমাৰ।
এৰো নে
গঢ়ো
অমূল্য
জীৱন
দায়িত্ব
আৰু
কৰ্তব্য
আমাৰ।।।
(মৰাণহাট)
অঙ্গন: পৃষ্ঠাঃ 33
আকাশ আৰু তুমি
অৰূপ শইকীয়া
জোনাক নিশাৰ উদঙীয়া হ্ৰদটো
আজিও জোখোঁ,
চকুপানীৰে ধাৰ দিয়া কাঁচিজোনৰ আগত
নিলাম হয় মোৰ জোনাকী নিশাৰ পৃথিৱী !!
খিৰিকিৰ মুখত আহি জুমি জুমি চাওঁ
মোৰ চিনাকী আকাশৰ অচিনাকী জোনাক !!
সাগৰত জোৱাৰ উঠিব ,
মেঘৰ মাজত বিজুলী নাচিব,
আকাশৰ নীলা ৰং ঢাকিব জোনাকে ,
বিচাৰি পাব জীৱনৰ বাবে এটি শব্দ !
কবিতা, কবিতা আৰু কবিতা !!
আকাশ তুমি খেদি দিলা উজ্জ্বল ৰ'দ !
খুলি দিলা নিৰল অভ্ৰৰে ভৰা চেঁচা বতাহ চাতিৰে মোৰ হৃদয়ৰ খিৰিকীখন ,
(লখিমপুৰ, অসম)
অঙ্গন: পৃষ্ঠাঃ 34
অমানিশাৰ বুকুত বিষাদৰ গান
নিকি মেধি
(১)
তুমি সাৰে আছা ৰূদ্ধতাৰ সাগৰত
জাগ্ৰত জনতাৰ হৃদয় জিনি ,
এটি চিৰসেউজ আদৰ্শ হৈ !
আৰু সাৰে আছে প্ৰীতি সুৱাসত
বৰ অসমৰ অসমীয়া জাতি ।
( ২)
তোমাৰ সেউজী ধৰণীৰ মাটি
মায়াবিনী এতিয়া প্ৰাৰ্থনাহৈ আই অসমীৰ বুকুতে আছে বাজি,
"হে অসম কণ্ঠ" তুমি বুজিছানে ?
তুমি দেখিছানে ?
আজি সৌ সৰগতো তোমাৰেই আদৰণি সভা ,
সাতোৰঙৰ জিকমিকনিৰে ৰামধেনুৰ আলোৰণ
মেঘৰ মোহনাতো তোমাৰেই ছবি
প্ৰাপ্তিৰ পৰম সন্মোহন ।
( ৩)
আক্ষেপ মাথোঁ এটাই
তোমাৰ কায়িক অস্তিত্ব নাই
সাৰে আছো আমি
আৰু সাৰে আছে
অমানিশাৰ বুকুত
বিষাদৰ গান
অসম কণ্ঠলৈ জনাইছোঁ
শত সহস্ৰ প্ৰণাম ।।
অঙ্গন: পৃষ্ঠা 35
এজন সম্ৰাট আছিল
পূজা দত্ত
এজন সম্ৰাট আছিল
কথাৰ আৰু সুৰৰ।
সেই সুৰতেই জাতি-মাতি একত্ৰিত কৰাৰ
অপ্ৰাণ চেষ্টা।
সেই সুৰতেই নিজক বিচাৰি পাইছিল,
মানুহেও পাইছিল দুখৰ মাজতো
এজুলোকা সুখ ।
জীৱীত কালত গোৱা প্ৰেমৰ গীত
প্ৰাৰ্থনালৈ সলনি হৈছিল ...
তেওঁৰ মৃত্যুৰ পাছত ।
এজন সম্ৰাট আছিল।
মনৰ কথা পাতিছিল গছৰ লগত
গছে শুনিছিল ...
অবুজ শিশুৰ দৰে সাবতি ৰাখিছিল
নিজে ৰুৱা "পাইন" জোপাকে ..
গছেও বুজিছিল---
এজন সম্ৰাট আছিল।
আনে বুজিব নোৱাৰা
তেওঁৰ অবুজ আৰ্হি
সাঁচি ৰাখিছিল গোপন ছন্দুকত ।
সকলোকে উদঙাই দিছিল
সকলোবোৰ উদঙাই গৈছিল...
আনে বুজি নোপোৱাকৈ,
কেতিয়াও বুজিব নোৱাৰাকৈ,
কেতিয়াবা সুৰাৰ ৰাগীত মাতাল হৈ পৰিছিল।
আনৰ দৃষ্টিত ধৰা পৰি যোৱাৰ ভয়ত ।
আশে-পাশে কি হৈ আছে
সকলো দেখিছিল.. সকলো বুজিছিল
প্ৰশ্ন কৰা নাছিল কেতিয়াও ।
শুহিবলৈ দিছিল,
শুহি শুহি খাইছিল।
তেজৰ চেকুঁৰাৰে ভৰা ৰক্তাক্ত শৰীৰ ।
(তিতাবৰ,যোৰহাট
Mb 7002497166)
অঙ্গন: পৃষ্ঠাঃ 36
উশাহৰ দৰ-দাম
ৰুমী কলিতা দত্ত
চহৰখন কিয় জ্বলিবলৈ দিছা
কিয় তাত উশাহৰ দৰ-দাম কৰিছা ?
জীৱনবোৰক লৈ হেতালি খেলিবলৈ
কাৰ পৰা সাহস গোটাই ল'লা !
হাতৰ খাৰু আৰু আঙঠিটো
ভালকৈ চাই কোৱাচোন
সিহঁতৰ ওজন কিমান ?
গোমা আকাশত এতিয়া
তেওঁক বিচাৰিলেও নাপাওঁ
হৃদয়খন ঠেকেচি দিলেও নাপাওঁ
তেনে ক'ত পাম ?
এটা বেলিলৈ অপেক্ষা কৰি
সদায় পদূলিতে ৰৈ থাকিম
নঙলাডাল খুলি থম
তলাটো মাৰিব পৰাকৈ
এখনো জপনা নাৰাখোঁ
কাৰণ...
তেওঁ আকৌ উভতি আহিব
চিনাকি চহৰৰ অগ্নি নিৰ্বাপিত কৰিব !
তাত উশাহবোৰে পানী খাবলৈ পাব
একো দৰ-দাম নচলিব
আকাশৰ তৰাটো জিলিকি থাকিব!
(২নং কেন্দুগুৰি, ধমন, ডিব্ৰুগড়)
অঙ্গন: পৃষ্ঠা 37
মনালিছাৰ হাঁহি
হীৰামণি বৈশ্য
সমূখত মোৰ
দুখন পৃথিৱী,
এখন কৃত্ৰিম পোহৰৰ,
আনখন নিসংগ আন্ধাৰৰ।
এখন বাহিৰত,
এখন ভিতৰত।
বাহিৰত অসংখ্য মানুহ,
ৰঙীন মানুহ,
মুখা পিন্ধা মানুহ,
য'ত বাজে নিৰৱধি
ব্যস্ততাৰ বীণ,
পশ্চিমীয়া সুৰৰ লহৰ।
ভিতৰত জনশূণ্য,
কেৱল পানী,
পাৰ নোপোৱা পানী,
য'ত শব্দহীন, ভাষাহীন,
বোবা দুখবোৰে
নিৰৱে সাঁতোৰে ।
আঘোণৰ সুখত
পাহৰিব পাৰি জানো জোন!!
হৃদয়ত মোৰ
বুজা-নুবুজা জটিলতাৰ বহু সূত্ৰ।
অলংকাৰ মোৰ
মনালিছাৰ হাঁহি।
(শুৱালকুছি)
অঙ্গন: পৃষ্ঠা 38
প্ৰতিভাৰ মৃত্যু
অঞ্জু শাণ্ডিল্য
সাবিত্ৰীয়ে চাহকাপ ৰাতুলৰ ফালে আগবঢ়াই দি ক’লে,
: সেই শুই উঠাৰে পৰা একে ঠাইতে বহি বহি কিনো ভাবি আছ ? বাতৰি কাকতখনকে মেলি চাব পাৰ ৷ চাহকাপ হ'ল এতিয়াই লগে লগে খা ৷ নহ’লে ঠাণ্ডা হ’লে মই আকৌ চাহ বাকিব নোৱাৰোঁ৷
: দিয়া মা ৷
ৰাতুলে মাকৰ হাতৰ পৰা চাহকাপ ল’লে ৷ ওচৰৰ টেবুলতে আজিৰ বাতৰি কাকতখন পৰি আছে ৷ সি চোৱাই নাই ৷ চাহকাপ শেষ কৰি সি কাকতখন মেলি ল’লে ৷ সেই একেবোৰ খবৰেই ৷ ধৰ্ষণ, যৌতুকৰ বাবে নাৰী নিৰ্যাতন, সন্ত্ৰাসবাদী, উগ্ৰপন্থীৰ কুটাঘাত, হত্যালীলা, অপহৰণ, দুৰ্নীতিত লিপ্ত বিষয়া-কৰ্মচাৰীৰ গ্ৰেপ্তাৰ, চোৰাং চিকাৰীৰ বন্যপ্ৰাণী হত্যা এইবোৰেই৷ দ্বিতীয় পৃষ্ঠাৰ বিজ্ঞাপনবোৰ সি এফালৰ পৰা চাই গ’ল৷ নাই, তাৰ শিক্ষাগত অৰ্হতাৰে উপযুক্ত একো চাকৰি বাকৰি নাই৷ পৃষ্ঠাটোৰ একেবাৰে তলত তাৰ চকু যোৰ ৰৈ গ’ল৷ ‘অভিনয়ৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীৰ বাবে সুখবৰ, ধাৰাবাহিক তথ্যচিত্ৰ, টেলিফিল্মত অভিনয়ৰ বাবে আবেদন বিচৰা হৈছে৷ তলৰ ঠিকনাত ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে৷’
মানুহবোৰেতো তাক দেখাত ধুনীয়া বুলিয়েই কয় ৷ স্কুল-কলেজত অভিনয় কৰাৰ প্ৰমাণ-পত্ৰবোৰ আছেই ৷ সি কাকতখন সামৰি থৈ লৰালৰিকৈ গা-ধুৱলৈ গ’ল৷ গা-ধুই ভাল কাপোৰ এসাজ পিন্ধি মাকক বিচাৰি পাকঘৰ পালেহি৷
: মা, কিবা এটা খাবলৈ দিয়া৷ মই অকণমান ওলাই যাওঁ৷
: ঔ আই, আজিনো হঠাতে কোনফালে যাবলৈ ওলালি৷ আনদিনা গা ধো, জলপান খা খা কৈ চিঞৰি থাকিব লাগে৷ আজি যে...
: সেইবোৰ পাছত ক’ম৷ আগতে কি আছে খাবলৈ দিয়া৷
: মোৰ ৰুটি-ভাজি হৈয়েই আছে, খাব পাৰিবি৷ পিছে চাকৰি বাকৰিৰ কামত ওলাইছ যদি গোসাঁইঘৰত সোমাই মূৰ দোৱাই আহ৷
: অ’ তেনেকুৱা কামেই৷ তুমি খাবলৈ যোগাৰ কৰা, মই গোসাঁইঘৰৰ পৰা আহোঁ৷
ৰাতুলে খাই থাকোঁতে মাকে সুধিলে-
: চহৰৰ ফালে যাবি নেকি ?
: নহয় মা৷ কিবা ডকুমেণ্টৰী টিভি চিৰিয়েল, টেলিফিল্মৰ কাম৷ একাডেমীতে অডিশ্বন হ’ব৷ চিলেক্ট হ’লে একটিং কৰাৰ সুবিধা দিব৷ ডকুমেণ্টৰী, টেলিফিল্মত ভাল টকা-পইচা দিব৷ চিৰিয়েলৰ এটা এটা এপিচোদত দেৰ হাজাৰকৈ দিব৷
: হওক দে তেনেকৈয়ে ল’ৰা-ছোৱালীবোৰে কিবা এটা কৰি খাব পাৰিব ৷ নহ’লে ইমান লাখ লাখ নিবনুৱাৰ ক’তনো চাকৰি ওলাব৷ হেৰি নহয়, তোৰ হাতত পা-পইচা আছেনে নাই ? নাই যদি...
: আছে মা, এই মাহৰ টিউশ্বনৰ টকাখিনি খৰছেই হোৱা নাই৷
: অ’, ৰুটি এখন আৰু খা৷ কিমান বা দেৰি হয় তাত৷
: নালাগে মা৷ আজি সোনকালে খালো যে, আৰু খাব নোৱাৰোঁ৷
: আৰু দৰকাৰী কাগজ-পত্ৰবোৰ লৈছনে ?
: লৈছোঁ লৈছোঁ৷ মই আহোঁ মা৷
: ওম ভগৱানে সকলো কুশলে পাৰ কৰিব৷
তিনি আলিৰ আৰ্ট এণ্ড কালচাৰেল একাডেমীত সোমাই সি দেখিলে, ইতিমধ্যে কেবাটাও ল’ৰা-ছোৱালী আহি অডিশ্বনৰ বাবে ৰৈ আছে৷ সি ৰিচেপশ্বন কাউণ্টাৰৰ ফালে আগবাঢ়ি গ’ল৷ ধুনীয়া ৰিচেপচনিষ্ট ছোৱালীজনীয়ে ক’লে,
: গুড মণিং৷ আপোনাৰ বায়’দাতা ?
: মণিং, এয়া৷
ৰাতুলে তাৰ বায়’দাতা আগবঢ়াই দিলে৷ ছোৱালীজনীয়ে সেইখনত চকু ফুৰাই তাক ক’লে,
: আপোনাৰ আঠ নম্বৰত অডিশ্বন আছে৷ বহক৷ গুডলাক৷
: থেংকছ৷
শাৰী শাৰীকৈ পাতি থোৱা চকীবোৰৰ এখন চকীত সি বহিল৷ তাৰ কাষৰ চকীখনত বহি থকা ল’ৰাটোক সুধিলে-
: এক্সকিউজ মি, এতিয়া কেই নম্বৰ গৈছে জানেনে ?
: তিনি নম্বৰ৷
: অ’, আপোনাৰ কেই নম্বৰত আছে ?
: সাত৷
দুপৰীয়া ৰাতুল ঘৰলৈ ঘূৰি আহি পদূলিমুখৰ পৰা উলাহেৰে চিঞৰি চিঞৰি মাকক ক’লে-
: মা, অ’ মা, হৈ গ’ল৷
মাক পাকঘৰৰ পৰা উধাতু খাই ওলাই আহিল৷ ৰাতুলৰ উল্লসিত মুখলৈ চাই ক’লে-
: কি অ’, কি হৈ গ’ল নো ?
: মানে মই অডিশ্বনত পাছ হৈ গ’লো৷ একটিঙৰ কাৰণে চিলেক্ট হ’লো৷
: কি ? সঁচানে মোৰ সোণ ?
: সঁচা মা, ভগৱানৰ আশীৰ্বাদ আৰু তোমাৰো৷
: সকলো ভগৱানৰে ইচ্ছা সোণ৷ আজি দেউতাৰা থকা হ’লে কিমান যে ভাল পালেহেঁতেন৷ প্ৰথমবাৰ যিদিনা তই স্কুলৰ নাটকত অভিনয় কৰি প্ৰথম হৈছিলি, সেইদিনা আনন্দতে দেউতাৰাৰ চকুপানী ওলাইছিল আৰু তোক যে কিমান আশীৰ্বাদ দিছিল৷ কিন্তু আজি ইমান আনন্দৰ দিনত মানুহজন নাই৷ ইমান সোনকালে ভগৱানে আমাৰ মাজৰপৰা লৈ গ’ল৷
মাকৰ চকু যোৰ চলচলীয়া হৈ পৰিল৷ ৰাতুলে ক’লে--
: দুখ নকৰিবা মা৷ দেউতা থাকোঁতে মোক অভিনয় কৰাৰ বাবে যি উৎসাহ-প্ৰেৰণা দিছিল, তাৰ বাবেই বহুত পুৰস্কাৰ পালো, চাৰ্টিফিকেট পালোঁ আৰু আজি অডিশ্বনতো পাছ কৰিলোঁ৷ মোৰ কিন্তু আজি আন এটা কথাতহে মনটো বেয়া লাগি আছে৷
: কি কথাত ?
: আজি অডিশ্বন দিবলৈ যাওঁতে ল’ৰা এটাৰ লগত চিনাকি হৈছিলোঁ৷ ভাল একটিং কৰে৷ কিন্তু পৰীক্ষাৰ সময়ত কম্পিটিশ্বন হ’লে দেউতাকে তাক জইন কৰিবলৈ নিদিয়ে, পৰীক্ষাৰ ৰিজাল্ট বেয়া হয় বুলি৷ আৰু বেছিভাগ কম্পিটিশ্বন পৰীক্ষাৰ আগে পিছে হয়৷ সেই কাৰণে তাৰ লগত একো ভাল চাৰ্টিফিকেট নাই অডিশ্বন তাৰ ভাল হৈছিল যদিও চিলেক্ট নহ’ল৷ সি আৰু কোনোদিনেই একটিং নকৰোঁ বুলি শপত খাইছে৷ আমি ইমান বুজাইছোঁ, কিন্তু সি নুবুজে৷ তাৰ কন্দনামুৱা মুখখনলৈ মনত পৰি আছে৷
: এৰা, মানুহবোৰে কিয় নুবুজে বাৰু পঢ়া-শুনাৰ লগতে আন আন প্ৰতিভাও লাগে৷ কেতিয়া, ক’ত কোনটো প্ৰতিভা কামত আহে ক’ব নোৱাৰি৷
ল’ৰাটোৰ কথা ভাবি মোৰো বেয়া লাগিছে পায়৷
: মই নিজকে বৰ সুখী বুলি ভাবোঁ মা৷ আমি দুখীয়া মানুহ৷ দেউতাৰ পেঞ্চনৰ টকাৰে তুমি ঘৰখন চলোৱা৷ তথাপি তুমি মোক পঢ়া-শুনাৰ লগতে নাটক-থিয়েটাৰত অভিনয় কৰিবলৈ সকলো সুবিধা কৰি দিছিলা৷ দেউতা থাকোঁতে দেউতাই দিছিল৷ সমীৰ মানে সেই ল’ৰাটোলৈ মোৰো বেয়া লাগিছে৷ দেউতাকৰ বাবেই যেন তাৰ প্ৰতিভাৰ মৃত্যু ঘটিল৷ মই কিন্তু সমীৰক কৈছোঁ যে সি আন চাকৰি পোৱাৰ পাছতো একটিং কৰিব পাৰিব, দেখাত ওখ-পাখ, ধুনীয়া চেহেৰাৰ ল’ৰা চিনেমাত চান্স পাব৷ বয়সো বেছি হোৱা নাই, এই বছৰ বি এ পাছ কৰিছেহে৷
: পিছে সি কি ক’লে ?
: নাই, সি জীৱনত এইবোৰ একো নকৰে৷ কাৰো বুজনি নামানে৷
সি যেন জীৱন যুঁজত পৰাজিত সৈনিক৷
(গুৱাহাটী)
অঙ্গন: পৃষ্ঠা 39
ৰক্তহীন মাংসপিণ্ড
নমিতা দাস
ৰাতিৰ নিৰবতা ভংগ কৰি জিলিৰ চি্ চি্ শব্দই জয়াল কৰি তুলিছে পৰিবেশটো । ৰোহনে চাইকেলৰ গতিবেগ বঢ়াবলৈ দুই ভৰিৰে যিমান পাৰে সিমান জোৰকৈ পেটেল মাৰিলে সোনকালে গন্তব্য স্থান পালেই যেন ৰক্ষা পৰে । চমু হব বুলি ভাবিয়েই এই বাটটো পোনাইছিল কিন্তু লুং লুঙিয়া ৰাষ্টাটোত যে মানুহৰ চিন চাব নাথাকিব এবাৰো কথাটো মনলৈ নাহিল ৰাষ্টাটোৰে যিমানে আগুৱাই গৈ আছে সিমান জয়াল পৰিবেশ এটাই গ্ৰাস কৰি গৈ আছে বুকুখন দূৰু - দূৰু কপিবলৈ ধৰিছে, মনৰ ভয় ভাৱ আঁতৰাবলৈ কিবা কিবি গুন গুনাই যিমান পাৰে খৰ কৈ চাইকেলৰ পেটেল মাৰিলে চাইকেলৰ গতিবেগে যিমানে বাঢ়িল মুখৰ গুণ গুণনিকো উচ্চস্বৰলৈ ৰূপান্তৰিত কৰি গৈ থাকিল । হথাত ৰৈ দিব লগিয়া হ'ল ৰোহনে ৰাষ্টাৰ সোমাজতে ডাঙৰ গছ এজোপা পৰি থকা দেখি চাইকেলৰ গতিবেগ কমাই কেইছেকেণ্ড মানৰ বাবে ৰৈ দি নামি দিলে ৰোহনে। এইবাৰ চাইকেল খন ঠেলি ৰাষ্টাটোৰ একেবাৰে কিনাৰৰ ঠাই খিনিৰে পাৰ হ'বলৈ চাইকেল খন আগবঢ়াই নিজে কাটি হৈ অকণমান বেঁকা কৈ চাইকেলৰ হেণ্ডেল ডালত ধৰি আগুৱাই দিবলৈ ললে , কি হ'ল, চাইকেল খন ইমান গধুৰ কিয় ! চাইকেলৰ চকা কেইটাই ঘূৰিবই নিবিচিৰে উপাই নেপাই এখন হাত হেণ্ডলডালত আনখন চাইকেলৰ চিটটোৰ পিছৰ খিনিত ধৰি চাইকেল খন আগুৱাই নিবলৈ পৰ্য্যমানে চেষ্টা কৰি বিফল হ'ল ।কি কৰে এতিয়া ৰোহনেএইখিনি সময়ত কোন আহিব বাৰু সহায় কৰিবলৈ, আকৌ বাৰে বাৰে চেষ্টা কৰি বিফল হোৱাত অজান ভয় এটাই আবৰি ধৰিলে। জিলিৰ চি্ চি্ শব্দ টো ক্ৰমান্বয়ে বাঢ়ি আহিছে ঘোপমৰা আন্ধাৰত একো মনিব নোৱাৰি তথাপি যিমান দূৰলৈ পাৰি দৃষ্টি নিক্ষেপ কৰিলে, দূৰ দূৰলৈ মানুহ থকাৰ উমান পায় নেকি চাবৰ বাবে চকু কাণ গজাগ কৰি ৰাখিলে, নাই, মানুহৰ কোনো চিনচাব দেখিবলৈ নাই অতব্য হাবিখনৰ গছবোৰে ৰোহনৰ ফালে চাই দাত নিকতাই হাঁহি আছে হাঁহিবোৰে জিলিৰ শব্দ তৰগংৰ লগত মিলি প্ৰতিধ্বনিত হৈ ৰোহনৰ কাণ তাল মাৰি ধৰিছে । গছৰ পাতবোৰ জখিনীৰ নখৰ দৰে দীঘল হৈ বাঢ়ি আহিছে এডাল গছৰ পাতে আনডাল গছৰপাত বোৰৰ লগত ৰণ কৌশল তৈয়াৰ কৰিছে ৰোহনক বহু বছৰৰ মুৰত অকলে পায় ৰোহনৰ চাৰিও ফালে ঘেৰি ধৰি গো-গ্ৰাসে প্ৰাণ কৰাৰ প্ৰস্তত্তিত মতলীয়া গছবোৰ । এন্ধাৰত একো কৰিব নোৱাৰি জ্বৰেঘমা দি ঘামিছে ৰোহনে আকৌ চাইকেল খন দাঙি নিবলৈ খুব জোৰকৈ ধৰি শৰিৰৰ সমস্ত শক্তি প্ৰয়োগ কৰিলে এতিয়া ৰোহনৰ একমাত্ৰ সংগী হৈছে চাইকেল খন সেইখন এৰি যাবলৈও নোৱাৰি, আকৌ সেইখন দাঙি লবলৈ ৰোহনৰ দেহত শক্তি নোহোৱা হৈছে আনফালে গন্তব্যস্থান পাবলৈ বহুত বাট যাবলৈ আছেই সেয়ে পৰি থকা গছজোপাৰ ডাল এটাত ধৰি ডালটো ডাঙিবলৈ লওঁতেই ডালটোৰ তলৰ পৰা ঘূৰণীয়া ৰবাবটেঙাৰ দৰে কিবা এটা বাগৰি আহি ৰোহনৰ ভৰিৰ ওচৰ পালে ।ৰবাবটেঙাটোৱে ৰোহনৰ ভৰিত খামোচি ধৰিলে ৰোহনে ভৰি জোঁকাৰি ৰবাবটেঙাটো আতৰাবলৈ যিমানে জোঁকাৰি আছে গোলাকাৰ বস্তুটো ৰোহনৰ ভৰিত সিমানে খামোচ মাৰি ওপৰলৈ বগাই গৈ আছে যিমানে ওপৰ পাইছে ক্ষিপ্ৰতাৰে আৰু ওপৰলৈ যাবলৈ সহজ হৈ পৰিছে গোলাকাৰ বস্তুটো ৰোহনৰ দেহৰ ওপৰলৈ আহি থকাত ৰোহনে দুই হাতেৰে এৰুৱাই আনিবলৈ যোৰ দিলে কি হ'ল দুই হাতত আঠা লগা দি লাগিছে ৰবাৱটেঙাটোৰ লগত ৰোহনৰ হাত খন লাগি ধৰিলে সেই গোলাকাৰ বস্তুটোই ৰোহনক ক্ৰমাত ঘ্ৰাস কৰি পিছলৈ খুব জোৰ কৈ ঠেলি আছে ৰোহনে পৰি নাযাবলৈ দেহৰ সমস্ত শক্তিৰে নিজৰ গাটো মাটিত খোপনি পুতিছে ৰোহনৰ গাটো জোঁকাৰি গ'ল গোলাকাৰ বিজলুৱা ৰবাবটেঙাটো আৰু ৰোহনৰ মাজত নিজৰ স্থিতি প্ৰতিপন্ন কৰিবলৈ দুয়োটাৰ বিৰুদ্ধে দুয়োটাৰ তুমুল আহব। এটা সময়ত ৰোহন মাটিত বগৰি পৰিল। তাৰেই অপেক্ষাত যেন ৰবাবটেঙাটোই ৰৈ আছিল ।কেইচেকেণ্ড মানৰ ভিতৰত ৰোহনৰ দেহটো মেৰিয়াই গোল কৰি পেলালে, দেহৰ হাড়বোৰ মৰ্ মৰ্ কৈ ভাঙি গুৰি হৈ ৰোহন লাৰু এটাৰ আকৃতি ললে। ৰোহন ৰৱাব টেঙাটোৰ দৰে হৈ পৰিল ডেকালৰা এটাক বগৰাই হাড় মুৰ ভাঙি এটা মাংস পিণ্ডত পৰিণত কৰিলে । মাংস পিণ্ডত পৰিণত হোৱা ৰোহনে বাগৰি বাগৰি গৈ থাকিল নিজৰ গন্তব্য স্থানলৈ —।
(শুৱালকুছি
৯১০১৮৩৪৯৪৫)
অঙ্গন: পৃষ্ঠা 40
শেষ পৃষ্ঠাৰ লেখাঃ
মানৱ সৃষ্ট একমাত্ৰ নদীখন
প্ৰকৃতিৰ মহৎ অৱদান নদী, যাৰ সোঁতত বৈ আহে সভ্যতাৰ উদিত সূৰ্য। এই নদীক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল মানৱ সভ্যতা। সিন্ধু, নীল, ট্ৰাইগ্ৰীচ-ইউফ্ৰেটিচ, ইয়েলো আদি নদীয়ে প্ৰাচীন সভ্যতাত মহৎ অৱদান আগবঢ়াই গৈছে। সেই দৰে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক কেন্দ্ৰ কৰি দুটা উপত্যকাৰ সৃষ্টি হয় ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা। গুৱাহাটীকে কেন্দ্ৰ কৰি তাৰ আশে-পাশে থকা জিলা সমূহ ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু চিলচৰকে আদি কৰি অন্যান্য জিলা সমূহ বৰাক উপত্যকাৰ অন্তৰ্ভুক্ত। মানুহৰ জীৱন নিৰ্বাহ বাবে প্ৰয়োজনীয় কৃষি ক্ষেত্ৰ, উদ্যোগিক ক্ষেত্ৰ, বাণিজ্য ক্ষেত্ৰ আদি সকলো দিশতে নদীৰ অৱদান অপৰিসীম। নদীৰ অবিহনে কোনো এটা দিশতেই মানৱ জাতি আগবাঢ়ি যাব নোৱাৰে। নদীৰ অবিহনে মানুহৰ তথা জীৱকুলৰ জীৱন ধাৰণ প্ৰক্ৰিয়া কিমান জটিল সেই সম্পৰ্কে আমাক মৰুভূমি অঞ্চল সমূহে আৰু তাৰ বাতাবৰণে বৰ সুন্দৰকৈ শিকাই যায়। পানী বিহীন স্থানত কৃষি ক্ষেত্ৰ বা উদ্যোগিক ক্ষেত্ৰ কোনোটোৰেই উন্নয়ন সম্ভৱ নহয়। শস্য উৎপাদনৰ ক্ষেত্ৰত যিদৰে মাটিৰ উৰ্বৰা শক্তিৰ প্ৰয়োজন সেই দৰে উদ্যোগিক বিকাশৰ ক্ষেত্ৰতো বৈদ্যুতিক শক্তিৰ প্ৰয়োজন আৰু এই দুয়োটা ক্ষেত্ৰতেই নদীৰ প্ৰয়োজন। গতিকে মানৱ সভ্যতাত নদীৰ অপৰিসীম মহত্ব আছে।
দেখা যায় যে পৃথিৱী নামৰ গ্ৰহটোৰ ভাৰসাম্য, জীৱকুলৰ উত্তৰণ, জীৱনধাৰণ, জীৱিকা, আদিৰ বাবে প্ৰকৃতিয়ে নিজেই নিজৰ বাবে সৃষ্টি কৰি লৈছে নদী-নদী, জলাশয়, সাগৰ আদি। প্ৰকৃতি সৃষ্ট এই নদীয়ে পাহাৰ-ভৈয়াম বগাই পৃথিৱীৰ উপৰি ভাগক জীৱকুলৰ বাবে জীৱন উপযোগী কৰি সাগৰ ধিৰাই বৈ গৈছে।পৃথিৱীৰ যিমানবোৰ নদী আছে এই সকলোবোৰ প্ৰকৃতিৰে সৃষ্টি। কিন্তু অসমৰ এখন এনে নদী আছে যাক মানুহে সৃষ্টি কৰিছে। যিখন হয়তো পৃথিৱীৰ একমাত্ৰ মানৱ সৃষ্ট নদী। অসমৰ যোৰহাট জিলাৰ বুকুৰে বৈ যোৱা ভোগদৈ নদীখন সম্পূৰ্ণ মানৱ সৃষ্ট এখন নদী। এই ভোগদৈ হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনীৰ এখন উপনৈ। যি নগাপাহাৰৰ পৰা উৎপত্তি হৈ যোৰহাট জিলাৰ মাজেৰে বৈ গৈ আন এখন নদীৰ সৈতে মিলি গেলাবিল নাম লৈছে আৰু ব্ৰহ্মপুত্ৰত মিলিছে। পূৰ্বতে এই ভোগদৈৰ নাম আছিল দিচৈ। এই দিচৈ নদীৰ পুৰণা সূঁতিটোৰ নাম বৰ্তমান মৰিদিচৈ। মৰিদিচৈৰ এই পুৰণা সূঁতিটোৱে আজিও দিচৈ নৈৰ অস্তিত্ব বহন কৰি আছে। মৰিদিচৈ সুঁতিটো বৰ্তমান যোৰহাট জিলাৰ উত্তৰ-পশ্চিম দিশ হৈ গোলাঘাট জিলাৰ দেৰগাঁৱৰ উত্তৰ দিশৰ বাঁহগুৰি, টায়ুং, দানিচাপৰি মিচিং, গঁড়মৰা লেঙেৰা চাপৰি, খকন্দগুৰি, ওপৰ টেমেৰা হৈ বোকাখাট মহকুমাৰ ৰঙাগড়া নামে ঠাইত গেলাবিলৰ লগত মিলিত হৈছে।
১৭৮০-১৭৯৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই বৃটিছৰ সহায় লৈ সেই সময়ত আহোমৰ সিংহাসনৰ বিৰোধিতা কৰা মোৱামৰীয়া বিদ্ৰোহক দমন কৰি আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰে। নতুন ৰাজধানীত পানীৰ প্ৰয়োজনীয়তাক পুৰাবৰ বাবেই পুৰ্ণানন্দ বুঢ়াগোহাঁইয়ে দিচৈ নৈক খানি আনি ব্ৰহ্মপুত্ৰত পেলাই দিয়ে। এই নৈখন খন্দাৰ সময়ত ভোগ দিয়া হৈছিল বাবে নদীখনৰ নাম ভোগদৈ হ'ল বুলি জনা যায়।
এই ভোগদৈ নদীয়ে যোৰহাটৰ অস্তিত্ব তথা কৃষি আৰু পানীয় জলৰ মূল আধাৰ হিচাপে আজিও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মানৱ সৃষ্ট এই নদীখনে বৰ্তমান সাহিত্য, সাংস্কৃতি তথা গীত-কবিতা আদিতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ওপৰত কৈ আহিছোঁ যে পৃথিৱীৰ হয়তো এইখনেই একমাত্ৰ মানৱ সৃষ্ট নদী যি খন বৰ্তমান কেৱল এখন নদী হৈ থকা নাই ই ইতিহাস আৰু সংস্কৃতিৰ গৌৰৱ হৈ আজিও বৈ আছে। বৰ্তমান সময়ত এই নদীখনে আৱৰ্জনা আৰু বালি খনন আদিৰ সমস্যাত ভুগিছে । তথাপিও ই যোৰহাট অঞ্চলৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ জনজীৱনৰ অংশ হিচাপে বৈ আছে। আশাকৰোঁ চৰকাৰে অতীতৰ ঐতিহাসিক ঐতিহ্য হিচাপে ভোগদৈ নদীক গুৰুত্ব দিব আৰু ই চিৰ প্ৰবাহমান হৈ থাকিব পৰাকৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।
✍মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
(6000709096)
অঙ্গন: পৃষ্ঠাঃ 41


0 Comments