১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
9678696861/ 6000709096/ 9127564124.
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 নবেম্বৰ 2025.
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই।
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন
অঙ্গন: পৃষ্ঠাঃ 5
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 7
👉প্ৰবন্ধ : পৃষ্ঠা-- 8
👉ধাৰাবাহিক: পৃষ্ঠা--9
👉অনুবাদ সাহিত্য : পৃষ্ঠা--10
👉কবিতা: পৃষ্ঠা--11
👉গল্প: পৃষ্ঠা--12
👉শ্ৰদ্ধাঞ্জলি: পৃষ্ঠা13-51
👉শেষ পৃষ্ঠা : পৃষ্ঠা-- 52
অঙ্গন: পৃষ্ঠাঃ 6
অঙ্গন
(মাহেকীয়া ই আলোচনী)
মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ
বেটুপাতৰ অঙ্গসজ্জাঃ
সুদীপ্ত নয়ন নাথ
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
অঙ্গন: পৃষ্ঠাঃ 7
সম্পাদকীয়ঃ
জুবিনদালৈ শ্ৰদ্ধাঞ্জলি
‘জুবিনদা নাই৷’ কথাখিনি যেন আজিও মানি ল’ব পৰা নাই৷ সৰুৰে পৰাই জুবিনদাৰ গান শুনিয়েই আমি ডাঙৰ হৈছোঁ৷ সুখ-দুখ, হাঁহি-কান্দোন, ৰাজনীতি, সমাজ, ধৰ্ম, বিজ্ঞান সকলোতে জুবিনদাৰ গান৷ জীৱনকালত জুবিনদাই অসমীয়া জাতিটোক ইমানেই চহকী কৰি থৈ গ’ল, বিশ্বৰ দুৱাৰডলিত আমাৰ এনে এটি পৰিচয় দি থৈ গ’ল যাক আমি কোনো কালেই পাহৰিব নোৱাৰো৷ জুবিনদাই নিজে কোৱাৰ দৰে সঁচাকৈয়ে আমি তেখেতৰ গানবোৰ তেখেতৰ মৃত্যুৰ পিছতহে যেন গভীৰভাবে অনুভৱ কৰিছোঁ৷
কেতিয়াবা প্ৰশ্ন হয়৷ জুবিনদা কেৱল এজন গায়ক, সংগীত শিল্পীয়েই আছিলনে? সামাজিক মাধ্যমত প্ৰকাশ পোৱা অনুসৰি জুবিনদাই জীৱনকালত প্ৰায় ১২০০০ কিতাপ পঢ়িছিল৷ ভাবিলে আচৰিত লাগে যে ইমান ব্যস্ততাৰ মাজতো, কেতিয়াবা গোটেই নিশা মঞ্চত গীত পৰিৱেশন কৰাৰ পাছতো জুবিনদাই কিদৰে কিতাপ পঢ়িবলৈ সময় উলিয়াইছিল? হয়তো সেইবাবেই তেওঁ জুবিনদা! আনৰ বাবে অসম্ভৱ যেন লগা প্ৰতিটো কথা, প্ৰতিটো কামেই তেখেতৰ বাবে তেনেই সাধাৰণ৷
জুবিনদাই মাজে মাজে মঞ্চত কিছুমান কথা কয়৷ তেখেতে কোৱা তেনেই সাধাৰণ যেন লগা কথাবোৰৰ আঁৰতেই প্ৰকাশ পায় তেখেতৰ জ্ঞানৰ গভীৰতা৷ তেখেত কোনো লেখক, সাহিত্যিক, দাৰ্শনিক নহয়৷ অথচ তেখেতৰ জ্ঞানৰ পৰিসৰ দেখি তবধ মানিবলগীয়া হয়৷ তেখেতে মঞ্চত কোৱা, তেনেই সাধাৰণ যেন লগা কথাবোৰেই জানো অসমীয়া জাতিটোৰ প্ৰতি থকা তেখেতৰ অগাধ ভালপোৱাৰ কথা প্ৰকাশ নকৰে?
জুবিনদাই আমাক জাতি-ভেদ পৰিহাৰ কৰি, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থাকি আমাক একেলগে মিলাপ্ৰীতিৰে থাকিবলৈ শিকালে৷ বিদায় বেলাত জুবিনদাই কেৱল অসমবাসীকে নহয় ভাৰতবৰ্ষৰ লগতে বিদেশতো হাজাৰজনক কন্দুৱাই থৈ গ’ল৷ তাৰ উৎকৃষ্ট নিদৰ্শন পাকিস্তানত জুবিনদাৰ ‘য়া আলি’ শীৰ্ষক গীতেৰে এজন শিল্পীয়ে জনোৱা শ্ৰদ্ধাঞ্জলি৷ জুবিনদাই কোৱাৰ দৰে সঁচাকৈয়ে তেওঁৰ কোনো ধৰ্ম নাই, কোনো জাতি নাই, তেওঁ মুক্ত৷ এই কথাৰ গভীৰতা আমি প্ৰতিজন ব্যক্তিয়ে মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত৷
জুবিনদাৰ মৃত্যুৰ এমাহ পাৰ হ’ল৷ অথচ আজিও স্পষ্ট নহ’ল যে প্ৰকৃততে ছিংগাপুৰত সেই সময়ত কি হৈছিল৷ কিয় জুবিনদাক লৈ ইমান অৱহেলা হ’ল? কিয় জুবিনদাৰ লগত জড়িত এনেবোৰ স্পৰ্শকাতৰ বিষয়ৰ অনুসন্ধান ইমান পলম হৈছে৷ এই প্ৰশ্নবোৰৰ উত্তৰ আমি কেতিয়া পাম?
জুবিনদা ৰাজনীতিৰ উদ্ধৰ্ৰ এটি শক্তিশালী সত্তা৷ গতিকে আমি আশা কৰোঁ, সমাজৰ সকলো শ্ৰেণীৰ লোকে ৰাজনীতিৰ উদ্ধৰ্ত গৈ এই কথাবোৰ চিন্তা কৰিব লাগিব৷ তেতিয়াহে আমি এটি শুদ্ধ উত্তৰ পাম আৰু জুবিনদায়ো আমাক নিলগৰ পৰা চাই সেই স্বভাৱসুলভ হাঁহিটোৰে ধন্যবাদ জনাব৷
এয়াই হ’ব তেখেতৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি৷
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861
অঙ্গন: পৃষ্ঠাঃ 8
প্ৰৱন্ধঃ
বিলাহীকেইটা কেলৈ পেলাইছা?কালি অনিছিলোহে !
ডাঃ সুৰজিত গিৰি
আমাৰ শইকীয়াই ভ্ৰুকুটিয়াই শইকীয়ানীক আগভেটা দিয়ে।শইকীয়াৰ বিলাহী প্ৰিয় খাদ্য।তাৰোপৰি যিহে চৰা দামত কালি ভালকেইটা বাচি ক্ৰয় কৰিছিল, শ্ৰী মতীয়ে বিলাহীকেইটা এনেদৰে পেলাই দিয়াটো তেওঁ মুঠেও ভাল পোৱা নাছিল।
: আপুনি নাজানে নেকি ? এই বিলাহী কেইটাক বিষাক্ত সাপে দংশন কৰিছে । গোটেইখন তোল-পাৰ লাগি আছে, আপোনাৰ দেখোন একো খবৰেই নাই। ভেকাহি মাৰি শইকীয়ানীয়ে ভুৰ ভুৰাই।
শইকীয়াই সাপ মাংসভোজী বুলিহে জানিছিল । তৃণভোজী কেতিয়াৰপৰা হ'ল ? মনে মনে তেওঁ ভাবিলে, আজিকালিৰ যুগত হ'বও পাৰে! শইকীয়ানী বৰ একা-চেকা মানুহ। মোবাইল আৰু ইন্টাৰনেটৰ কৃপাত পৃথিৱীৰ খবৰ তেওঁৰ নখ দৰ্পনত। কেনেবাকৈ খং উঠিলে শেষ আৰু!শইকীয়াকো শুদাই নেৰে।তথাপি অলপ সাহস কৰি সেপটো লাহেকৈ গিলি আমাৰ শইকীয়াই শ্ৰী মতীক প্ৰশ্ন কৰে-
: তুমি ক'ত পালা ? কোনে ক'লে ?
শইকীয়ানীয়ে আমাৰ শইকীয়াক কেৰাহিকৈ চাই কৰ'বাৰপৰা এডাল লাঠি যোগাৰ কৰি আনে । শইকীয়াই ভাবিলে আজি খতম ! ভাল জগৰ লগালোঁ যেন পাওঁ। শ্ৰী মতীৰ আক্ৰমণ কেনেদৰে মোকাবিলা কৰিব সেইবোৰ চিন্তা কৰি তেওঁ চকুকেইটা মুদি দিছিল।
: ফেচবুকত কথাবোৰ প্ৰচাৰ হৈ আছে। আপুনি চোৱা নাই নেকি ? শইকীয়ানীয়ে তেওঁৰ ম'বাইলটো খুচৰি শইকীয়ালৈ আগবঢ়াই দিলে। চাৱক চোন সাপডালে কেনেকৈ দাঁত বহুৱাইছে ? পেলাই দিয়া বিলাহী কেইটা লাঠীডালেৰে লিৰিকি -বিদাৰি দুটা বিন্ধা দেখুওৱাই শইকীয়ানীয়ে আকৌ কৈ যায়-
: এই দুটা বিন্ধা যে আপুনি দেখিছে, সেইয়া পোকে খোৱা নহয়। বিষাক্ত সাপৰ দাঁত বহিছে। এজন বিজ্ঞ ব্যক্তিৰ দৰে অতি প্ৰত্যয়েৰে শইকীয়ানীয়ে কথাখিনি কয়।
শ্ৰীমতীৰ ৰুদ্ৰ মূৰ্তিৰ সলনি বিশেষজ্ঞ ব্যক্তিৰদৰে গহীন-গম্ভীৰ উত্তৰে শইকীয়াক সাহস দিছিল। শইকীয়াই শ্ৰীমতীক আকৌ প্ৰশ্ন কৰে-
: এটা কথা কোৱা কালিলৈ মোৰ আৰু আমাৰ ওচৰ চুবুৰীয়া গগৈনীৰ লগত হাতত হাত ধৰি পাৰ্কত ঘূৰি ফুৰা ফ'টো বা ভিডিঅ' দেখিলে তুমি বিশ্বাস কৰিবা নে ?
: এহ ! কি বলকিছে ৰাতিপুৱাই। আপোনাৰ কাম নাই নেকি আৰু ?
: তেনেহ'লে ? আজিৰ যুগত কাৰোবাৰ ফটো পালেই হ'ল।সেই ফটো দুটা লগ লগাই চুমা খোৱা, হাতত হাত ধৰি ঘূৰি ফুৰা আদি AI ৰ সহায়ত পলকতে বনাব পাৰি। ঠিক তেনেদৰে বিলাহীত সাপে কামোৰ মাৰি দাঁত বহুৱাৰ ফটো বনোৱাটো কোনো ডাঙৰ কথা নহয়।
: ৰবা মই ডাঃ গিৰিক ফ'ন কৰি কথাখিনি জানি লওঁ। আজি দেওবাৰ, তেওঁ আজৰি থাকিব পাৰে!
ৰাতিপুৱা ৮ মান বজাত শইকীয়াৰ ফ'নটো পাওঁ। তেওঁৰ কথাখিনি শুনি হাঁহি মাৰি তেওঁক বুজাব চেষ্টা কৰিলোঁ-
: যোৱা বছৰৰ কোনোবা এটা দিনত বিষাক্ত সাপে বিলাহী এটা দংশন কৰা ভিডিঅ' আমিও পাইছিলোঁ। প্ৰথমতে আমিও দেখি অবাক হৈছিলোঁ।অনুসন্ধান কৰি গম পালো, তেওঁলোকে সাপডাল কলগছত মেৰুৱাই সাপডালৰ মুখৰ সন্মুখতে বিলাহী এটা থৈ দিছিল। তাৰ পাছত সেই দুষ্ট প্ৰকৃতিৰ মানুহে সাপডালৰ নেগুৰত জোৰকৈ কাঠ এডালে হেঁচি দিছিল, যাতে সাপডালে দুখ পায়। অত্যন্ত বিষত সাপডালে সন্মুখত যি পায় তাকে দংশন কৰে। সেই সময়ত সাপডালৰ সন্মুখত জোতা-চেণ্ডেল, আলু-পিয়াঁজ, খৰি-কাঠ, ইটা যি পায় সি বিষত একো নাই হৈ কামোৰ মাৰি ধৰে। আমি মানৱ জাতিয়েও বিষ অসহ্য হ'লে যেনেদৰে দাঁত নিকটাওঁ ঠিক তেনেদৰে সাপডালেও অত্যন্ত বিষত দাঁত নিকটায়। যিহেতু সাপডালৰ মুখতে বিলাহীটো থোৱা আছিল, অত্যন্ত বিষত সি বিলাহীটোকে সজোৰে দংশন কৰে। সেইয়া যিকোনো প্ৰাণীৰ ক্ষেত্ৰতে প্ৰযোজ্য। ঠিক সেই সময়তে দুষ্ট চক্ৰই ভিডিঅ' বনাই সামাজিক মাধ্যমত এৰি দিয়ে। কোৱা বাহুল্য যে প্ৰায় তিনি কৌটি ভাৰতীয়ই সেই ভিডিঅ' প্ৰত্যক্ষ কৰে আৰু খুব কম সময়ৰ ভিতৰতে এটা গোকাট মিছা কথা প্ৰচাৰ হৈ যায়।
: অ' হয় নেকি ? শইকীয়াই কথাখিনি বুজি মূৰ দুপিয়াই কোৱা যেন লাগিল।
: ধৰা হওক বাৰীত বিষাক্ত সাপডাল বিচৰণ কৰি থাকোতে নেজত বা শৰীৰৰ ক'ৰবাত দুখ পাই সন্মুখত থকা বিলাহীটোকে সাপডালে কামোৰ মাৰে। ধৰা হওক সাপডাল বিষাক্ত আছিল আৰু সি বিলাহীটোত বিহ এৰি দিয়ে। বিহটোৱে বিলাহীৰ দেহত প্ৰৱেশ কৰি সক্ৰিয় হৈ থাকিবলৈ মাংসপেশী বা তেজৰ সন্ধান কৰিব। যদিহে মাংসপেশী বা তেজৰ উপস্থিতি বিলাহীত নাপায় তেনেহলে মাত্ৰ কেইমিনিটৰ ভিতৰত বিহটো একেবাৰে নিষ্ক্ৰিয় হ'ব।কাৰণ সাপৰ দাঁতৰ পৰা বিহ ওলোৱাৰ লগে লগে যদিহে মাংসপেশী বা তেজ নাপায়, তেনেহ'লে সাপৰ বিহটোক সক্ৰিয় কৰি ৰাখিবলৈ ফ্ৰিজিং কৰিব লাগিব। যদিহে সাপৰ বিহ তৎক্ষণাৎ ফ্ৰিজিং কৰা নাযায়, পৰিৱেশৰ উষ্ণতা, সূর্য্যৰ তাপ আদিয়ে সাপৰ বিহটোক সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰে।
ধৰা হওক বিলাহীটোক দংশন কৰাৰ লগে লগে (একেবাৰে অসম্ভৱ কথা) আপুনি বিলাহীটো চিঙি আনিলে, আপুনিতো আৰু কেঁচা বিলাহী নাখায় ! গৰম কৰিহে চবজীৰ লগত খাব।ধৰা হওক আপুনি যেনিবা বিহ ঢলা বিলাহীটো দংশনৰ লগে লগে আনি কেঁচাকৈ চালাড বনাই খালে। তথাপি আপোনাৰ একো নহয়। সাপৰ বিহ বিভিন্ন প্ৰটিনৰ সংমিশ্ৰণ।মানুহৰ পেটত থকা হাইড্ৰ'ক্লৰিক এচিড আৰু বিভিন্ন এনজাইমে যেনেদৰে আমাৰ খাদ্যত থকা প্ৰ'টিনবোৰ ভাঙে, সেই একে পদ্ধতিৰে সাপৰ বিহকো ধ্বংস কৰিব। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ একো অপকাৰ নহয়।
: অৰ্থাৎ এইবোৰ মানে মিছা।শইকীয়াই ইফালৰ পৰা ফ'নতে প্ৰত্যুত্তৰ দিয়ে।
: মিছা মানে গোকাট মিছা কথা। কেইদিনমান আগতে শুনিলো ক'ৰবাত বোলে যুৱতী এজনীৰ ওচৰলৈ সদায় নাগ আহে। একেবাৰে ভাইৰেল বাৰ্তা। সাপৰ মানুহ বা অন্য জন্তুৰ দৰে মনত ৰাখিব পৰা মগজু নাই। তাৰ চিকাৰ উষ্ণৰক্তী প্ৰাণী যেনে নিগনি, এন্দুৰ, ভেকুলী আদি। এই উষ্ণৰক্তী প্ৰাণীৰ দেহৰপৰা এটা উষ্ণ তৰংগ(Heat Waves) ওলায়। সেই তৰংগ অনুসৰণ কৰি সি সেইবোৰৰ চিকাৰ কৰে। যদি কাৰোবাৰ ঘৰত সঘনাই সাপ ওলাইছে তেনেহ'লে বুজিব সাপডালে তাত তাৰ প্ৰিয় খাদ্যৰ সন্ধান পাইছে। ছোৱালীজনীৰ ওচৰলৈ সাপডাল অহা নাই।তাইৰ চাৰিওকাষে সাপডালে তাৰ প্ৰিয় খাদ্য যেনে এন্দুৰ নিগনি আদিৰ সন্ধান পাইছে কাৰণে আহিছে। আপুনি সেই ঠাইটো এন্দুৰ বা নিগনি শূন্য কৰি ৰাখক, চাব সাপ আৰু নাহে। এনে বাজে কথাবোৰ নাগিন চিনেমা বা হিন্দী চিৰিয়েলবোৰতহে সম্ভৱ।বাস্তৱত সম্ভৱ নহয়। ৰিল আৰু ৰিয়েলৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে।
মোৰ কথাখিনি শেষ হওঁ মানে শইকীয়ানীয়ে বাৰাণ্ডাতে পেলাই দিয়া বিলাহীকেইটা উঠাই আনি শইকীয়াক কয়-
: বেচেৰা বিলাহী কেইটা! আয়ৈ দেহি, ৰাইজে বিলাহীক এনেই বদনাম কৰিছে। এই অজুহাততে ব্যৱসায়ীসকলে বিলাহীৰ দাম নবঢ়ালেহে ৰক্ষা!
বি: দ্ৰ : এই লেখনীটোৰে কাৰোবাক মননোকষ্ট দিয়া আমাৰ উদ্দেশ্য নহয়। আমাৰ শইকীয়া আৰু শইকীয়ানীৰ লগতে সচেতন বহু ৰাইজৰ অনুৰোধ মৰ্মে সমাজৰ সজাগতাৰ বাবেহে প্ৰকাশিত।
ধন্যবাদৰে
ঠিকনা:
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologit)
ডিমৌ গ্ৰাম্য চিকিৎসালয়
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ
ফোন: ৯৪৩৫০৫৬৬২৭
অঙ্গন: পৃষ্ঠাঃ 9
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
ৰূপা গগৈ
(খণ্ড ২৪)
দ্বিতীয় দিনা অভিযোগৰ বিচাৰ আৰম্ভ হ'ল । বিচাৰত প্ৰথমে সোণালীক সোধা-পোচা কৰিলে পাছত মোক ক'বলৈ কোৱাত ঘটনাৰ আৰম্ভণিৰ পৰা শেষৰলৈকে সকলো বিৱৰি ক'লোঁ । কিন্তু মোৰ সকলো মনে সজা মিছা কথা বুলি আপত্তি দেখুৱালে । দুয়োৰে কথাত অমিল হোৱাৰ বাবে ঘটনাৰ সাক্ষী বিচাৰিলে । ঘটনা হওঁতে কেণ্টিনত উপস্থিত থকা সকলোৱে সাক্ষী দিবলৈ ধৰিলে । সকলোৱে মোৰ সপক্ষে সাক্ষী দিয়াত নিশ্চিত ভাবে প্ৰমাণ কৰিলে যে মই নিৰ্দোষী । মিছা অভিযোগ তৰি মোক কলেজৰ পৰা বহিষ্কাৰ কৰি অপমানিত কৰাৰ অপৰাধত এইবাৰ সোণালীক প্ৰধান অধ্যক্ষই বিচাৰ কৰি চূড়ান্ত সিদ্ধান্ত জাৰি কৰিলে দুইমাহৰ বাবে সোণালী চহৰীয়াক কলেজৰ পৰা বহিষ্কাৰ কৰা হৈছে । এই বিচাৰৰ ৰায় শুনি সকলোৱে হাত চাপৰি বজালে । সোণালীয়ে সকলোৰে সন্মুখত লাজ পাই গাল-মুখ ৰঙা পৰিছিল । বিচাৰৰ শেষ সিদ্ধান্তৰ মতামত মোৰ ভাল লগা নাছিল । কিয়নো কলেজৰ পৰা তাইক বহিষ্কাৰ কৰা মোক কৰা একেই কথা । মোৰ ক্ষতি হোৱাখিনি তাইৰো হ'ব । মোৰ বাৰু যি নহওক আমি সৰু মানুহ কিন্তু ডাঙৰ মানুহৰ জীয়েকক এনেকৈ বিহিত ব্যৱস্থা লোৱা বাবে মাক-দেউতাকৰো সন্মানত আঘাত লাগিব আৰু ঘটনাৰ কাহিনীবোৰ বেছি বিয়পি পৰিব । নাই এইটো মই হ'ব দিব নোৱাৰোঁ । বেচেৰীজনীয়ে প্ৰেমত অন্ধ হৈ আছে বাবে তাই কথাবোৰৰ ভাল-বেয়া , উচিত-অনুচিত বিচাৰ কৰাৰ জ্ঞানকণো হেৰুৱাই পেলাইছে ।তাতে যদি এনে কৰা হয় ঠিক নাই কি বিপদ ঘটাব পাৰে । সেয়ে নহ'বলগীয়া বিপদ এটা হোৱাতকৈ বিপদৰ পৰা আগেয়ে সাৱধান হোৱাটো ভাল ।
এই কথাবোৰ ভাবি সকলোৰে আগত হাতযোৰ কৰি এইবাৰলৈ তাইক ভুলৰ মাফ কৰি দিবলৈ অনুৰোধ কৰিলোঁ । আমাৰ মাজত আৰু এনে ভুল সৃষ্টি কেতিয়াও নহয় ; আমি বুজাবুজিৰ মাজেৰে ইজনীয়ে -সিজনীক ক্ষমা কৰি দিম ।
মোৰ কথা শুনি সকলোৱে মোৰ মুখলৈ চালে । মই কিয় এনেকৈ ক'লো বুলি । মই সোণালীৰ ওচৰলৈ গৈ হাতখন ধৰি ক'লো"---মোৰ ভুলবোৰ ক্ষমা কৰি দিবা আৰু তোমাৰ ভুলবোৰ মই ক্ষমা কৰিলোঁ । আজিৰ পৰা আমাৰ মাজত যাতে কোনোদিনে ভুল সৃষ্টি নহয় তাৰ প্ৰতি সাৱধান হ'ম ।
মোৰ কথা শুনি ছাৰ-বাইদেউহঁতৰ মাজত আলোচনা চলিল । সকলোৱে মোৰ কথাত হয়ভৰ দি সোণালীক মাফ কৰি দিলে আৰু বিচাৰৰ সামৰণি পৰিল । সোণালীয়ে একো নকৈ আঁতৰি গ'ল ।
বিচাৰৰ কোঠাৰ পৰা ওলাই অহাৰ পাছত সকলোৱে মোক আপত্তি কৰিলে কোনোৱে খং কৰিলে কিয় এনে কৰিলোঁ । ইমান অপমানবোৰ কেনেকৈ ইমান সহজে স্বীকাৰ কৰি মাফ কৰি দিব পাৰে । বেছি সহজ-সৰল হোৱা বাবেই তাই আপোনাক/তোমাক এনেকৈ অপমান কৰাৰ সুযোগ পাইছে । নিশাহঁতে খঙত মোক মাতেই দিব মন কৰা নাছিল ।
মই ক'লোঁ "---শুনা তাইও ছোৱালী মইও ছোৱালী । মই যিখিনি দুখ পাইছিলোঁ তাই আজি মোতকৈ বেছি দুখ আৰু লাজ পাইছে সেইয়াই তাইৰ বাবে যথেষ্ট শাস্তি । ইয়াতকৈ বেছি শাস্তি তাইক প্ৰয়োজন নাই । সেয়ে ক্ষমা কৰি দিলোঁ । শত্ৰুক যিমানেই ৰুধিবা যিমানেই তোমাক আক্ৰমণ কৰিব আৰু যিমানেই বাধা পাব সিমানেই আগুৱাব । সেয়ে শত্ৰুক শত্ৰুতা কৰিবলৈ সুযোগ দিব নালাগে ।
মোৰ কথা শুনি কোনেও একো নামাতিলে । মই মনতে ভাবিলোঁ আজিৰ পৰা মই পৰাগৰ পৰা আঁতৰি থাকিব লাগিব । পৰাগৰ বাবেই এইবোৰ হৈছে । কিজানি মই আঁতৰি থাকিলে হয়তো তাৰ মন সোণালীলৈ ঘূৰিব পাৰে । পৰাগৰ ভালপোৱা মোৰ অন্তৰত সদায় গোপন হৈ থাকিব । সেই গোপন ভালপোৱাই অন্তৰখন মোৰ সজীৱ কৰি ৰাখিব । পৰাগক পাহৰি বা তাৰ পৰা আঁতৰি থকাটো মোৰ বাবে কষ্ট হ'ব তথাপিও কাৰোবাৰ সুখৰ বাবে সেইকণ কষ্ট সহিব পাৰিব লাগিব । যিমান পাৰোঁ সোণালীৰ প্ৰেম সফল হোৱাটো কামনা কৰিম ।
সোণালীয়ে মোৰ প্ৰতি কি ধাৰণা ল'লে নাজানো। মই ঠিৰাং কৰিলোঁ তাইৰ প্ৰেম সফল হ'বলৈ মই আঁতৰিম । সিদিনাৰ পৰা মই কলেজলৈ দুই চাৰিদিনৰ মূৰে মূৰে যাবলৈ ধৰিলোঁ । পৰাগৰ সৈতে মুখামুখি হ'বলৈও এৰি দিলোঁ । আগেয়ে প্ৰতিদিনেই ক্লাছত মোৰ পাছত বহিছিল । আজিকালি ক্লাছলৈ প্ৰফেচাৰ দুৱাৰমুখত থিয় হোৱাৰ লগে লগে পৰাগৰ আগত নবহি পাছলৈ আঁতৰি বহিছিলোঁ । সি প্ৰতি মূহুৰ্তত মোৰ লগত থাকিব বিচাৰিছিল । মোক কিবা ক'ব বিচাৰিছিল । কিন্তু তাক কোনো সুযোগ নিদি মই আঁতৰি ফুৰিছিলোঁ । তেতিয়া লক্ষ্য কৰিছিলোঁ সোণালী আগৰ দৰেই তাৰ আগে-পিছে ঘূৰি ফুৰিছিল । তাক এক মূহুৰ্তও তাই লগ এৰি দিয়া নাছিল । মই পৰাগৰ প্ৰতি এনে ব্যৱহাৰ কৰাৰ বাবে তাই বহু সুখী যেন মই অনুভৱ কৰিছিলোঁ । কলেজত ছাৰ-বাইদেউহঁতৰ পৰা আদি কৰি হোষ্টেলৰ ৰান্ধনীলৈকে পৰাগে মোক ভালপোৱা বুলি জানিছিল । এই প্ৰেম কোনো লুক-ঢাক নাছিল । সকলোৱে পৰাগৰ মোৰ প্ৰতি থকা মৰম প্ৰেম-ভালপোৱাক সৰ্মথন কৰিছিল আৰু এই পৰাগৰ প্ৰেমক কোনেও বেয়া দৃষ্টিৰে চোৱা বা লোৱা নাছিল । কাৰণ সকলোৱে জানে পৰাগ এজন ভাল ল'ৰা । তাৰ মনত কোনো বিভেদ বা বেয়া চিন্তাধাৰা নাই । কলেজৰ ডাঙৰ পৰা সৰুলৈকে যাৰ যি নহওক কিবা অসুবিধা বিপদ হ'লেও সি সহায় কৰিছিল কাষত থিয় দিছিল । ধনী ঘৰৰ ল'ৰা হ'লেও তাৰ অহংকাৰ নাছিল । কাকো হেয় জ্ঞান নকৰে । তাৰ এই স্বভাৱবোৰৰ বাবে কলেজৰ ছাৰ-বাইদেউহঁতকে ধৰি সকলোৱে ভাল পাইছিল । এইজন ল'ৰাক প্ৰেমিক ৰূপে পাবলৈ বহুতো ছোৱালীয়ে আশা কৰে । পৰাগ এতিয়া কলেজৰ বহুতো ছোৱালীৰ সপোন । কিন্তু সোণালীয়ে সৰুৰে পৰা একেলগে পঢ়া বাবে তাইৰ বাদে কোনেও পৰাগকক মুখ খুলি ক'ব নোৱাৰে ভালপাওঁ বুলি । এইজন পৰাগ মোৰ প্ৰেমত পাগল হৈ থকাৰ পাছতো মই ইগন'ৰ কৰা দেখি বহুতে তই পাগলি হ'লি বুলি ক'বলৈ ধৰিলে । বহুতে আকৌ নানান প্ৰশ্ন কৰিব ধৰিলে কিয় এনে কৰিছোঁ বুলি । মই কাকো মনৰ কথা খুলি কোৱা নাছিলোঁ । চমুকৈ এনেয়ে বুলি কৈ কথা সামৰি আঁতৰি যাওঁ ।
মোৰ এনেকৈ আঁতৰি ফুৰিবৰ পৰা পৰাগৰ মুখৰ হাঁহি হেৰাই যাব ধৰিলে । সি দিনে দিনে নীৰৱ হৈ পৰিল । নিশাহঁতক সদায় সুধিবলৈ কয় কিয় মই এনে কৰিছোঁ । সিহঁতকো মই কোনোদিনে একো নক'লোঁ । সিহঁত দুজনী মোক সদায় নিৰ্দয় , নিষ্ঠুৰ অন্তৰৰ বুলি গালি দি থাকিল ।
ক্ৰমশঃ...
অঙ্গন: পৃষ্ঠাঃ 10
অনুবাদ কবিতাঃ
When I’m Gone
Erin Hanson
When I come to the end of my journey
And I travel my last weary mile
Just forget if you can, that I ever frowned
And remember only the smile.
Forget unkind words I have spoken,
Remember some good I have done,
forget that I ever had a heartache
And remember I’ve had loads of fun.
Forget that I have stumbled and blundered
And sometime fell by the way.
Remember I have fought
Some hard battle and won,
Ere the close of the day.
Then forget to grieve for my going,
I would not have you sad for a day,
But in summer just gather some flowers
And remember the place where I lay.
And come in the evening
When the sun paint the sky in the west,
Stand for a few moment beside me
And remember only my best.
যেতিয়া মই নাথাকিম
(মূল: এৰিণ হে’নচন,
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)
মোৰ জীৱনৰ বিয়লি বেলাত
পৰিশ্ৰান্ত এই ভ্ৰমণৰ অন্তিম ক্ষণত
পাৰা যদি যাবা পাহৰি
যদিহে কৰিছিলোঁ এবাৰো ভ্ৰূকুটি,
মাথোঁ, ৰাখিবা মনত মোৰ উমাল হাঁহিটি।
পাহৰিবা মই কোৱা বেয়া কথাবোৰ,
কিবা যদি কৰিছিলোঁ ভাল,
ৰাখিবা সেই স্মৃতি বুকুত সাবটি।
পাহৰি মোৰ হৃদয় যন্ত্ৰণা, সুৱঁৰিবা
মাথোঁ, মই লভা আনন্দৰ ঢৌ।
পাহৰি যাবা, মই ভুলত উজুটি খাই
জীৱনৰ খলা-বমাত পৰি ৰোৱাৰ কথা,
পেলাবা মনত- মই যুঁজিছিলোঁ জীৱন যুদ্ধত
আৰু হৈছিলোঁ জয়ী শেষ মূহুৰ্তত।
সেয়ে, তুমি মোৰ বিচ্ছেদত নকৰিবা দুখ,
তোমাৰ খন্তেকীয়া বিষাদো মোৰ সহ্যাতীত
কিন্তু, বসন্তত বুটলি ফুল একাঁজলি
মনত পেলাবা মোৰ চিৰনিদ্ৰা স্থলী।
আৰু তুমি আহিবা, সন্ধিয়াৰ সূৰুযে
পশ্চিম আকাশত সানোতে ৰহণ,
খন্তেক থিয় হৈ মোৰ কাষৰত
ভালৰো ভালবোৰ মোৰ কৰিবা স্মৰণ।
কাহিলিপাৰা
গুৱাহাটী
অঙ্গন: পৃষ্ঠাঃ 11
কবিতাঃ
পিছে কাঁহ এটা মাৰিবৰ হ’ল
ৰণ্জিত গগৈ
পিছে কাঁহ এটি মাৰিবৰ হ’ল বুলিলেই
বুকুখনত সুৰসুৰণি এটা থুলথুলীয়া হৈ
আকাশখন গোলগোলীয়া হোৱাৰ দৰে
বুকুখন ঢপ্ঢপ্ কৈ কঁপে
কাম এটা কৰাই কৰাই
চলি থাকে লাপি-লুপা
জীৱনটো যেনিবা কেতিয়াবা কেতিয়াবা
লাগে বৰ-ফাকি ফুকা৷
মাহটো ঘড়ীৰ কাঁটাত ঘূৰাৰ দৰে
জীৱনটো ঘূৰি থাকে
খুটি তাল এখন লৈ খুচুৰা পইচা বিচৰাৰ দৰে৷
দিন-সপ্তাহ-মাহ সদায় ঘূৰে একেলেথাৰিয়ে একে দৰে
আমাৰ জীৱনটোত পুৱাই-গধূলিয়ে থোতা মুজা লাগে মাহৰ শেহৰ দিনকেইটাৰ পৰা
বন্ধুৰ স’তে হঠাৎ মুকলিমুৰীয়া হাঁহি এটা মাৰি উঠি
মুখ জাপ গ’ল কি নাই
ফোনটোৰ সিফালৰ পৰা সৌজন্যতাৰে ভৰা
মাত এষাৰ ভাঁহি আহে-
পিছে কাঁহ এটা মাৰিব হ’ল৷
কবিতাত ব্যঞ্জনা ভৰা আবেলি হ’বৰ হ’লৰ দৰে–
মোৰ বুকুত তাতোতকৈ দুগুণে ব্যঞ্জিত হয়-
পিছে কাঁহ এটা মাৰিব হ’ল বুলি কথাষাৰি কাণত পৰাৰ পৰা৷
জীৱনটো যে কেৱল টানে-তোনে, বিপদে-আপদে একাকাৰ কৰি কৰি চলাই আছোঁ৷ নজনাই নাজানে
জানিলেই যেনিবা জনাই জানি,
সাহিয়াল বুকুখনটো নিদিয়ে পাতি
খোজ দিবলৈ শিকিলোঁ যেতিয়া, ৰবীন্দ্ৰনাথ৷
জীৱনটোত দেনা-পাওনা বহুতৰে স’তে থাকে
কাৰোবাৰ লগত ভাল কাৰোবাৰ লগত বেয়া
কাৰোবাক বুজাব নোৱাৰি
কাৰোবাক বুজিব নোৱাৰি
টকাত হে চিন, চিনিবি পাৰি
সম্পৰ্কত পকা নে কেঁচা
আলৌ লৌ-পুতৌ টৌ সিবোৰ এক্কা
যেন তাছপাটৰ টিক্কা৷
যেতিয়া আহে লটকণ-লিটিকাই একেলগে আহে
হাঁহে-বাঁহে, হালে-শিঙিয়ে কিবা উথ্পথপ লাগে৷
অঙ্গন: পৃষ্ঠাঃ 12
শ্ৰদ্ধাঞ্জলিঃ
সৰগত জুবিনৰ আদৰণি সভা আৰু মায়াবিনী
প্ৰথম দৃশ্য
সুমন্ত মাধৱ বৰা
আজি বাৰু সৰগত কম সভা বহিছেনে ? জ্যোতি প্রসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা।
জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। সৌৱা খগেন মহন্ত, অর্চনা মহন্তও আছে বহি নিৰলে।
দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ, যদিও সভা সংগীতজ্ঞৰ নীলপৱনো আছে দীপালী বাইদেউৰ সৈতে।
ভিতালী বা আজি ভীষণ ব্যস্ত, জোনবাইৰ দেশলৈ জুবিন আহিছে। সৰগ সজোৱাৰ দায়িত্ব ভিতালীৰ।
অৱশ্যে সহায় কৰিবলৈ লগতে আছে গায়ত্রীও।
ভগ্নী জংকীৰ চকু আজি চলচলীয়া! এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব হেঁপাহ পলুৱাই মনৰ কথা পাতিব! আছে আন বহুতো।
এচুকত বহি জুবিনদালৈ চাই আছে ৰাজীৱ শদিয়াই। মুঠতে সৰগৰ অসম ভৱনত আজি বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। জ্যোতি-বিষ্ণুক হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় আৰু জুবিন কি ? জ্যোতি-বিষ্ণুৱে মৌন হৈ শুনিছে জুবিনৰ কথা। সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ উঠিল। কোনেও ধৰিব পৰা নাই কি হ'ল জ্যোতি প্ৰসাদৰ ? কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই ক'লে কিবা এটা। সকলো বুজি এইবাৰ বিষ্ণুৰাভাই একপ্ৰকাৰৰ কাঢ়া নির্দেশেই দিলে জুবিনদাক। "আজি সভাত বেলেগ গীত নহ'ব,
কেৱল মায়াবিনী চলিব"। সৰগত এতিয়া মায়াবিনীৰ গুঞ্জন। কেৱল মায়াবিনী...
সৰগৰ আদৰণী সভাৰ শেষত
(দ্বিতীয় দৃশ্য)
... মায়াবিনী শেষ হ'বলৈ নাপালেই উৰণি টানি সোমাই আহিল এগৰাকী মহিলা। শুভ্ৰ চাদৰৰ আচলেৰে লোটক মচি সোমাই অহা মহিলা গৰাকীক দেখি কোনেও একো ততেই ধৰিব নোৱাৰা হ'ল। সন্মুখত জ্যোতি, বিষ্ণু, ভূপেন, নাই এই মহিলাৰ কাণসাৰ নাই। জুবিনেও চিঞৰি উঠিল "মা!" হয়, এওঁ ইলি বৰঠাকুৰ, জুবিনৰ প্ৰথম গুৰু। গালে মুখে কেইবাটাও চুমা আঁকি থুকা থুকি মাতেৰে ক'লে কিবা এটা। দৌৰ মাৰি আহিল জংকী। দুয়োটাকে সাৱটি ধৰি ইলি বৰঠাকুৰে হুকহুকাই কান্দি উঠিল।
ইতিমধ্যে জুবিনৰ আগমনিৰ খবৰ ফাটি ফুটি গৈছিল সৰগত। এফালৰ পৰা হিলদল ভাঙি আহিছে সকলো, ঠিক সৰুসজাইলৈ অহাৰ দৰেই। সৰগৰ সংগীতজ্ঞৰ সভা আৰু সংগীতজ্ঞৰ হৈ নাথাকিল। কোন নাই সৰগৰ এই সভাত ? সকলো আহিছে কিয়নো মৃত্যু জিনি অমৰ হোৱা জুবিন আহিছে। জুবিনে এফালৰ পৰা চকু ফুৰাই চাইছে অসম মাতৃৰ বিচক্ষণ কাণ্ডাৰী সকলক। কোন অহা নাই জুবিনক লগ পাবলৈ। যেনে দৰে সৰুসজাই, কাহিলীপাৰা, সোণাপুৰলৈ আহিছিল মানুহবোৰ ঠিক তেনেদৰেই। এইবাৰ জুবিনৰ ওচৰলৈ হীৰুদা আগুৱাই আহিল। মই কোৱা নাছিলোঁ, "মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য"। প্ৰিয় মানুহজনক দেখি আৱেগিক হৈ পৰিল জুবিন।
এজাক কাণ্ডাৰীৰ মাজত হঠাৎ জুবিনৰ চকু পৰিল এজন বিশেষ লোকৰ ওপৰত। জুবিন চিঞৰি উঠিল, "ভাইমণ দা"। ৰ'ব নোৱাৰিলে মুনিন বৰুৱা, সাৱটি ধৰিলে জুবিনক। জুবিনে আকৌ ক'লে "আপোনাৰ চিনেমা ফাটি ফুটি গৈছে, বায়পিক আপোনাৰ, কিন্তু মই ওলাই ফাটাই দিছোঁ মাকা..!" স্বভাৱ সুলভ জুবিনৰ মুখখন টিপি ধৰিলে ভাইমন দাই। জুবিনৰ সম্বিত ঘূৰি আহিল। কিন্তু এইয়া যে জুবিন, কাকো ঘেণ্টাও খাটিৰ নকৰা জুবিন।
লক্ষ্মীনাথ বেজবৰুৱা, গোপীনাথ বৰদলৈ, নলীনিবালা দেৱী, কুশল কোঁৱৰ, কনকলতা সকলো আহিছে সভালৈ। ডঃ ভবেন্দ্ৰনাথ শইকীয়াক দেখি জুবিনৰ চকুহাল উজলি উঠিল। আৰে কাষত চোন নটসূৰ্য ফণী শৰ্মা। বিজু ফুকন আৰু নিপন গোস্বামীয়েও আকুলতাৰে চাই আছিল জুবিনক। নিজেই দৌৰি গৈ মাত দিলে জুবিনে। "আৰে বাইদেউ আপুনিও.." হয়, আইদেউ সন্দিকৈলৈ চাই কৈ উঠিল জুবিনে। থৰক, বৰক খোজেৰে আগুৱাই আহিল অৰুণ দাস। কোনেও নুশুনাকৈ কাণে কাণে জুবিনে ক'লে, "চাদা মাৰিলে, এপালি দিব!" "সলনি নহ'লা নহয়" অৰুণ দাসৰ উত্তৰ। তৰুণ গগৈক দেখি জুবিনৰ গানেই ওলাল "পলিটিক্স নকৰিবা বন্ধু"। সকলোৱে গীৰ্জনি মাৰি হাঁহিলে। জুবিনে ক'লে "চাৰক মই ভাল পাইছিলো। বহু সময় নিৰলে কটাইছিলো কিন্তু এদিনো মোক ৰাজনীতিৰ কথা কোৱা নাছিল"।
কথা কেইটা শেষ নহ'লেই, সকলোৱে চাই উঠিল মৰ্ত্যলৈ। সোণাপুৰত উত্তপ্ত পৰিস্থিতি, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে। "ঘেণ্টা সেইকেইটাক কিবা কৰিব পাৰিব! সেইকেইটা মোৰ দৰেই পাগল, জুবিন পাগল। মোৰ বাবে মৰিবও, মাৰিবও।"
"অসমত প্ৰতিবাদ হৈছে। তোমাৰ মৃত্যুৰ ন্যায় দাবীৰে অচল হৈ পৰিছে অসম। মোৰ দৰে তোমাৰ দশা নহওঁক যাতে।" ভিৰ ফালি জুবিনে চালে, আৰে এইজনী দেখোন জোনমনি ৰাভা।
"হিমন্তদাৰ ওপৰত মোৰ বিশ্বাস আছে। অসমৰ ৰাইজৰ বিশ্বাস আছে। দেখা নাই ? নোখোৱা নোবোৱাকৈ কেনেকৈ লাগি আছে মোৰ কাষত। যদি মোক ন্যায় দিব নোৱাৰে গম পাম ইমান দিনে তেঁৱো মোক ব্যৱহাৰেই কৰিছিল।"
কিছু সময় তভক মাৰি জুবিনে পুনৰ হুমুনিয়াহ কাঢ়িলে, "মোৰ গৰিমাজনীলৈহে বেয়া লাগিছে অ', মই আহিবলৈহে পালোঁ গৰু কেইটামানে তাইৰ কথাও বেয়াকৈ পাতিছে। মোৰ অন্তৰখন দেখোন তাইৰ ওচৰতে আছে। আশাকৰোঁ অসমৰ ৰাইজে তাইক চাব।"
হঠাৎ উদিত সুৰুযৰ হেঙুলি আভাৰ দৰেই উজ্বলি উঠিল সৰগ। দুই জ্যোতিৰ্ময় ৰশ্মিৰ প্ৰৱেশত হাতযোৰ কৰি প্ৰণাম কৰিছিল সকলোৱে। সকলোৱে প্ৰণাম জনোৱা দেখি সৰু ল'ৰাৰ দৰেই জুবিনেও হাত যোৰ কৰিবলৈ ধৰিলে। চকু চাট মাৰি ধৰা সেই উজ্জ্বল জ্যোতিয়ে জুবিনক বাধা দি কলে, "নাপায় বৎস। আমি বৰগীত, নাট ভাওনা, শাস্ত্ৰৰ মাজেৰে যি কৰিলোঁ। তুমি গীতৰ মাধ্যমেৰেই সেইয়া কৰি দেখুৱালা। এতিয়া তোমাৰ মায়াবিনীও প্ৰাৰ্থনালৈ ৰূপান্তৰিত হ'ল। তুমিও আমাৰ দৰেই অৱতাৰি আছিলা।" জুবিনে মাথোঁ ক'লে, "গুৰুদেৱ"। হয়, জুবিনক চাবলৈ নিজেই আহিল শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ। সকলোৰে মুখবোৰ উজ্বলি উঠিল। কি আচৰিত! গুৰুদুজনাই নিজেই আহি আদৰণী জনালে জুবিনক। লাহে লাহে সেই সৰগীয় ৰশ্মি নোহোৱা হ'ল। মৰ্ত্যলৈ চাই জুবিনে কৈ উঠিল, "মই এইখন অসমৰেই কল্পনা কৰিছিলোঁ। য'ত কোনো জাতি, ধৰ্ম, বৰ্ণৰ বিভিন্নতা নাথাকিব। এইখনেই মই বিচৰা অসম। এইখন অসম সোণৰ অসম, সপোনৰ অসম, মোৰ অসম, জুবিন গাৰ্গৰ অসম।"
অঙ্গন: পৃষ্ঠাঃ 13
ইয়াতে সাঁচি থ'লোঁ, এদিন নাতিক কম
"চা, আমাৰ যুগনায়ক এনেকুৱা আছিল।"
নিলোত্পল শইকীয়া
দাদাৰ শেষ নিশা..... শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ নিশা... যুগনায়কজনৰ শেষ নিশা..... এয়াই হয়তু তেওঁৰ সেই মায়াবিনী ৰাতি.... অসমক সাৰে ৰাখি তেওঁ নিজে শুই আছে...গভীৰ প্ৰশান্তিত.... যি প্ৰশান্তি খুউব জৰুৰী আছিল... আজি শুৱক...কোনেও আমনি নকৰে আপোনাক....লুইতৰ পাৰত আজি যে তেওঁৰ শেষ নিশা...
নোহোৱা নোপোজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলো যোৱা ৪টা দিনত.... তাকে লিখি ৰাখো...
১) অসমৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলোঁ।
২) তেওঁ কৈ যোৱা ধৰণেৰেই , তেওঁৰ গীত-কথা-সুৰেৰে প্ৰতি নগৰ, প্ৰতি চহৰ, প্ৰতি গাঁও, প্ৰতি চুবুৰী, প্ৰতিটো তিনিআলি-চাৰিআলি, প্ৰতিটো অফিচ-কাচাৰী, প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।
৩) অসমখন স্তব্ধ হৈ যোৱা দেখিলোঁ। কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলোঁ।
৪) দেহ চমজি লʼবলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজন লৱৰি যোৱা দেখিলোঁ। এখন ৰাজ্যৰ মূখ্যমন্ত্ৰীজনে আঠু কাঢ়ি প্ৰণাম কৰি থকাৰ বিৰল দৃশ্য দেখিলোঁ।
৫) এখন ৰাজ্য ৪ টা নিশা উজাগৰে থকা দেখিলোঁ।
৬) ১০ লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা দেখিলোঁ।
৭) মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলোঁ। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলোঁ। পৃথিৱীৰ ইতিহাসত সংগীতশিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলোঁ (প্ৰথম মাইকেল জেকচন)...
৮) The humming king of the World নামেৰে Google এ স্বীকৃতি দিয়া দেখিলোঁ।
৯) মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভালপোৱা দেখিলোঁ। কি কুকুৰ, কি বান্দৰ, কি ঘোঁৰা, কাউৰী.... উদণ্ড ষাঁড়ে এখন্তেক ৰৈ চকুলো টোকা দেখিলোঁ।
১০) অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলোঁ।
১১) পাহাৰ সদৃশ গামোচাৰ দʼম দেখিলোঁ। লগতে প্ৰত্যেক জনগোষ্ঠীয় গামোচা দেখিলোঁ।
১২) গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক ৬ ঘন্টাৰ প্ৰয়োজন হোৱা দেখিলোঁ... লগতে কান্দি কান্দি চলোৱা চালক দেখিলোঁ... কান্দি কান্দি ডিউটি কৰা আৰক্ষী দেখিলোঁ....
১৩) অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলোঁ।
১৪) ক্ৰিকেটবলীয়া অসমীয়াই ভাৰত-পাকিস্তানৰ মেচ নোচোৱা দিনটোও দেখিলোঁ।
১৫) অহৰহ ৪ দিন সামাজিক মাধ্যমত ১০০% এজন মানুহৰেই কাহিনী- কথা-গান দেখিলোঁ।
১৬) আমি প্ৰত্যেকেই একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলোঁ।
১৭)ৰজা বিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলোঁ।
১৮) একে সময়তে মঠ-মন্দিৰ সত্ৰ-নামঘৰ, মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলোঁ।
১৯) প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলোঁ।
২০) কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলোঁ... পৰীক্ষা পিছুৱাই দিয়া দেখিলোঁ।
২১) সকলো দল সংগঠন আৰু ৰাজনৈতিক দলসমূহ একগোট হোৱা দেখিলোঁ।
২২) ভৱিষ্যত প্ৰজন্মৰ বাবে হাত-ভৰিৰ চাপ সংৰক্ষণ কৰা দেখিলোঁ...অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী দেখিলোঁ।
২৩) বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি প্ৰাণপণ দৌৰ দিয়া দেখিলোঁ।
২৪)ট্ৰাকৰেলী, এম্বুলেন্স ৰেলী দেখিলোঁ।
২৫)The New York Times ত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলোঁ।
২৬) বিশ্বৰ উচ্চতম বুৰ্জ খলিফাত দিয়া শ্ৰদ্ধাঞ্জলি দেখিলোঁ।
২৭) আমেৰিকান বেণ্ডে "মায়াবিনী " সুৰ তোলা দেখিলোঁ।
২৮) প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।
২৯) BCCI য়ে সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান( ৩০ চেপ্তেম্বৰ) ত এজন মানুহৰ জীৱনীভিত্তিক অনুষ্ঠান ৰখা দেখিলোঁ।
৩০) ভ্ৰাম্যমাণ থিয়েটাৰ ৰখাই দিয়া দেখিলোঁ।
৩১) ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা দেখিলোঁ।
৩২) এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ পোষকতা কৰি বৃত্তি-ফেলʼশ্বীপ দিয়াৰ পৰিকল্পনা দেখিলোঁ।
৩৩) শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰা দেখিলোঁ।
৩৪) আত্মহত্যা আৰু চেষ্টা দেখিলোঁ।
৩৫) ৰে'লৱে ষ্টেচনৰ চাউণ্ড চিষ্টেমত বিশেষ এজনৰ গান বজা দেখিলোঁ।
৩৬) কেতিয়াও নঘটা প্ৰকৃতিৰ নানা ৰূপ দেখিলোঁ... সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলোঁ..... উলোটা ৰামধেনু দেখিলোঁ.... কেতিয়াও নেদেখা অদ্ভূত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ....কʼতো বৰষুণ নিদি কেৱল এই বিশেষ ব্যক্তিজনৰ কাষত বৰষুণ হোৱা দেখিলোঁ।
৩৭) অসম সাহিত্য সভাই ভাৰতৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলোঁ
ৰʼৱ....আৰু ঢেৰ দেখিলোঁ.....
ৰৈ যোৱা বহু আশা দেখিলোঁ... আটাইতকৈ দামী সংগীতশিল্পীজনৰ অনাটন দেখিলোঁ... আটাইতকৈ চেনেহৰ সম্পদটোৰ প্ৰতি কৰা এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ... কু-স্বাৰ্থ দেখিলোঁ.....
ইমানখিনি দেখাৰ পাছত এতিয়া এটাই বাকী আছেগে... যাৰ বাবে আজি কাৰো চকুত টোপনি নাই... আজি যে তেওঁৰ শেষ ৰাতি.... আজি মায়াবিনী ৰাতি.... যি ৰাতি অসমে কেৱল তেওঁৰেই ছবি দেখিছে....
( আমাৰ সন্তানে যেতিয়া সুধিব... ইমান আটোম টোকাৰী কৈ থোৱা এইখন কাৰ ফʼটো ? তেতিয়াই এই পʼষ্টটো পঢ়ি শুনাম..... অনুমান কৰি লʼব তেওঁ কোন .... আমাৰ Boss কোন) জুবিন দা।
জয় জুবিন দা
জয় জুবিন দা
জয় জুবিন দা
অঙ্গন: পৃষ্ঠাঃ 14
জুবিন_আহিছে....
নিতুপন কুমাৰ ডেকা
জুবিন পালেই আৰু গুৱাহাটী ৷ বেছি সময় নাই ৷ আহিয়েইতো একদম হুলস্থুল লগাই দিব,
~~~অই কি হ'ল তহঁতৰ ? চিতা ৰেডি হোৱাই নাই নেকি মোৰ বাবে ?
~~~আবে, সেইবাবেইতো মই কওঁ, দুই পেগ দি ল'ব লাগে ৷ কাম কৰাৰ বাবে এনাৰ্জি আহি যায় ৷ হাঃ হাঃ হাঃ....নাই নাই মদ বেয়া বস্তু ৷ খাব নালাগে ৷ ময়ো কমাইছোঁ আজিকালি ৷ বহুত কমাইছোঁ ৷ আগতে বহুত খালো ৷
~~~আৰু তহঁতে জানই দেখোন মই নিশাচৰ মানুহ ৷ সেইবাবেই এইবাৰ একদম এন্ধাৰ হৈ আহিছোঁ ৷ ইমানগাল চাকি, মমবাতি জ্বলাই লৈ আহিব লাগে নে বাৰু তহঁতে ? আৰে জানই দেখোন, মই এন্ধাৰ ভালপাওঁ...I love it...I enjoy it...
~~~একেবাৰে গোটেইগাল মানুহ আহি এয়াৰপৰ্ট পাইছহি যে ? আৰু ইমানগাল ফুল কিয় আনিছ' ? ফুল নোহোৱা হৈ যাব দেখোন অসমত ৷ তহঁতে জানই দেখোন, I love nature, মই একদম জংঘলী মানুহ ৷ হাবিত থাকি ভালপাওঁ ৷ ফুল ছিঙিলে ভাল নালাগেতো ৷ ফুল ফুলি থাকিব দে নিজৰ জেগাত ৷ ৰ'দৰ ফুল ৷
~~~তাতকৈ নাহৰৰ পুলি লৈ আন ৷ সকলোৱে মিলি মোক জ্বলাই দিয়াৰ আগত নাহৰ ৰুই দিওঁ আহ ৷ নাহৰৰ অৰণ্য বনাই দিওঁ ৷
~~~এদিন নাহৰ গছবোৰ ওখ হৈ যাব ৷ নাহৰৰ গছত উঠিবি ৷ মোক ওচৰৰ পৰা দেখিবি ৷
~~~আৰু তহঁতে এনেকৈ কান্দি কিয় আছ' অই ? পাগল হলি নেকি ? সাগৰৰ তলিত শুই আহিছোঁ ৷ পানীবোৰহে বেছিকৈ সোমাই গ'ল নাকে-মুখে এইবাৰ ৷ হ'ব দে একো নাই ৷ হৈ য়ায় কেতিয়াবা...It happens...Don't worry.
~~~চাওঁ... চাদা অকণ দেচোন কোনে বনাইছ' ৷ মোৰ হাত একদম ঠাণ্ডা কৰি দিছে সাগৰে ৷ চাদাৰ জোৰেই নুঠিব ঘেণ্টা ৷ ওপৰলৈ গৈ আকৌ চাদা ভাগত পাওঁনে নাই বা ৷ ইয়াত অকল গৰীমাৰহে শাসন চলে ৷ তাতে এফালে জংকীয়ে ধৰিব, এফালে মাই ধৰিব ৷ হৈছে আৰু কেলা চাদা খোৱা মোৰ ৷
~~~বাকী বিন্দাচ একদম ৷ দুৰ্গাপূজা আহি আছে ৷ ৰঙীণ কাপোৰ-চাপোৰ চবেই লবি হাঁ ৷ মানুহ একদম Colourful হৈ থাকিব লাগে... I love colour...পেনপেনাই কান্দি কান্দি পূজা বৰবাদ নকৰিবি আৰু ৷ সদায় এনজয় কৰি থাকিব লাগে ৷
~~~কাম বাকী ৰৈ গ'ল বাৰু অলপ ৷ "ৰৈ ৰৈ বিনালে"খন ৰিলিজ কৰিব ৰৈ গ'ল ৷ এইখন মানে একদম মিউজিকেল ফিল্ম....first time in Assam...মই নিজে আছো, বাকী ইহঁতবোৰো আছে ৷ চবেই চাবি হা ৷ অসমীয়া চিনেমা ৷ চাব লাগে ৷ মৰম দিব লাগে ৷ বাকী কি ক'ম আৰু.... Love you all...তহঁতবোৰৰ লগত এইখিনিলৈয়েই আছিল আৰু ৷ উপায় নাই ন ৷ টাইম আহি গ'ল....don't worry হাঁ ৷ গানবোৰ বজাই থাকিবি ৷ মইতো গানৰ মানুহ, গানতেই থাকো সদায়... বাৰু শেষবাৰৰ বাবে এবাৰ নিজেই গুণগুণাই দিছো দে,
মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি,
ধৰা দিলা গোপনে আহি, হিয়াৰ কোণত।
তুমি যে মোৰ শুকান মনত, নিয়ৰৰে চেঁচা টোপাল,
নামি অহা ৰ'দৰে নৈ, মোৰ দেহত প্ৰতি পুৱা।
ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন,
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন।
নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত......
অঙ্গন: পৃষ্ঠাঃ 15
সংস্কৃতিৰ এটি উজ্জ্বল নক্ষত্ৰৰ অনুপস্থিতিতঃ
সৌৰভ জ্যোতি চাংমাই
সংগীত নিসংগতাৰ যেন শ্ৰেষ্ঠ সংগী৷ সেই সংগীত যেতিয়া এক সুকীয়া গায়ন শৈলীৰ অনন্য কণ্ঠত প্ৰাণ পাই প্ৰস্ফুতিত হৈ উঠে, তেতিয়া সেই সংগীত হৈ পৰে ভাগৰুৱা আত্মাৰ সঞ্জীৱনী সুধা৷ সেই অনন্য দৰদী কণ্ঠ আৰু জনপ্ৰিয়তাৰ বাবে কেতিয়াও গুণগত সংগীতৰ লগত আপোচ নকৰা সংগীতৰ নিৰবিচ্ছিন্ন সাধক আমাৰ সকলোৰে হিয়াৰ আমঠু আপোন জুবিন দা, আজি হঠাৎ আমাক এৰি শুকুলা পালতৰা নাৱ সাজি গুচি গ’লগৈ, কোনোদিনে উভতি নহাৰ প্ৰতিশ্ৰুতিৰে নিষ্ঠুৰ নিয়তিৰ সতে৷ জন্মভূমিত আকৌ সুৰৰ মূৰ্ছনাৰে জীপাল সান্নিধ্যৰ সুবাসত বিলীন হ'বলৈ যেন সময়বোৰ উভতি নাহে৷ অসমী আইৰ বুকুখন উদং কৰি চিৰদিনৰ বাবে গুচি গ'লগৈ প্ৰভাতী সুৰুযৰ ৰৌদ্ৰোজ্বল সাতোৰঙী বেলিটি৷ হাজাৰ শুভকামনাইয়ো ঢুকি নাপায় যেন নিয়তিৰ ওচৰত৷ তথাপিও অন্তৰৰ অতল গহ্বৰত ফল্গুধাৰে বৈ যোৱা যন্ত্ৰণাৰ হাহাকাৰখিনিটো কেতিয়াও শেষ হৈ নাযায়৷ সুগন্ধি ফুলৰ সুবাস যেন তেনেই লেৰেলি জহিখহি মৰহি গ’ল৷ সকলো নিস্তব্ধ হৈ বীণৰ ঝংকাৰ আজি থমকি ৰ’ল৷ এয়াই জানো হ'ব পাৰে ? কাক ক'ব, কোনে বুজিব, কোনে কাক দিব সান্তনা! বুকুতে সামৰি সকলো বিষাদ সৰাপাতৰ দৰে বতাহৰ আলিংগনত উচুপি উঠিছে নিৰলে নিৰৱে৷ অবুজন, অশান্ত মনটোৱে এই শোকস্তব্ধ ক্ষণত কথাবোৰ একোৱেই নামানে অ’.! ক’ত গ’লাগৈ তুমি ? তুমি নথকা বুলি কেতিয়াও মানি ল'ব নোৱাৰোঁ অ’! তুমি আজীৱন হৃদয়ত সুমধুৰ বাঁহীৰ সুৰ হৈ বাজি থাকিবা আমাৰ প্ৰাণ স্পন্দনত প্ৰতি পলে প্ৰতি ক্ষণে৷ তোমাৰ স্নেহময়ী সুৰৰ ঝংকাৰ অনাদি অনন্ত কাললৈ সুবাসিত হৈ থাকিব৷ সকলো আৱেগ অনুভূতিৰ উৰ্ধত বিদায়ৰ শেষ সন্ধিক্ষণত তোমাক হিয়াভৰা মৰম দিলোঁ কলিজাটো৷ পুনৰ নতুন জনম লৈ আকৌ আহিবা আমাৰ ওচৰলৈ, বুকুত উমাল পৰশে তোমাৰ অকৃত্ৰিম মমতাময়ী স্নেহ আৰু সান্নিধ্যত বিলীন হম অ’.! আজি জীৱনৰ নাটৰ পৰিসমাপ্তিত অসম ৰত্ন তথা ধ্ৰুৱতৰা জুবিন দালৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ..
কোন কাৰ জগতৰ
কোন কাৰ মৰমৰ
চকুৰ চিনাকী দুদিনৰ
অসীমৰ ৰূপতৃষা অসীমত বুৰ যাব
খহি গ’লে জৰী মৰমৰ৷
গুচি গ’লাগৈ তুমি শান্তিৰ ধামলৈ
জীৱনৰ নাট সামৰি৷
পুৱতি বেলাৰ সামাজিকত আহি
প্ৰহেলিকা হৈ আকৌ আহিবানে
পোহৰৰ চাকিটি লৈ
প্ৰজ্ঞাৰে সুৰৰ মুকুতা বিলাবলৈ৷
আমাক দি গ’ল উৎসাহ প্ৰেৰণা
আৰু জ্ঞানৰ মুকুতা৷
তুমি অনধিগম্য আৱেগ,
অনৱচ্ছিন্ন জনতাৰ এক অনন্য প্ৰতীতি
হাজাৰ জন অনুৰাগীৰ হৃদয়ৰ আঁহে-আঁহে
কোঁহে-কোঁহে উশাহৰ অলিয়ে গলিয়ে
নীলিম পৰশেৰে বিলাই দিছিলা
সুৰৰ আত্মিক সুবাস৷
আজীৱন শেষ নহওক
তোমালৈ অসীম শ্ৰদ্ধা৷
অনুভৱত এতিয়া বৈছে মাথোঁ
এছাটি মৃদু মৌন মলয়া,
য’তেই থাকা তাতেই বৰষি থাকক
সুখ আৰু শান্তিৰ অমিয়া বতাহ৷
''মৃত্যু" কঠিন শিলত কটা
ই যে নিৰ্লোভ শিল্প৷
সমীৰণৰ লহৰত আশাবোৰ মৰি গ’ল
ছিগি গ’ল জৰী মৰমৰ৷
জীয়াই থকাত আছে শিঁহৰণ
মৃত্যু মানেই শেষ
পুনৰ জন্ম আছেনে নাই
নিচিনো সিখন দেশ...!!
য’তেই আছা শান্তিত থাকা তুমি
ওঁম শান্তি ওঁম শান্তি।
(অংশকালীন সহকাৰী অধ্যাপক, শিৱসাগৰ বিশ্ববিদ্যালয়)
অঙ্গন: পৃষ্ঠাঃ 16
জুবিন দা তোমালৈ বুলি এখন চিঠি
প্ৰতি,
প্ৰিয় তুমি জুবিন দা...
তোমালৈ বুলি হৃদয়ৰ অনুভূতি নিগৰা শব্দবোৰ প্ৰকাশ কৰাৰ এটি পৃষ্ঠা।
কেনে আছা বুলি সুধিবলৈ বাক্য হেৰাল, মাথোঁ ক'ব বিচাৰোঁ য'তেই আছা ভালেই থাকা আৰু অতি সোনকালেই নৱ ৰূপে নৱ সাজে আকৌ উভতি আহাঁ আমাৰ মাজলৈ। মোৰ জীৱনৰ এটি সপোন সপোনতেই আধৰুৱাৰ স্থান পালে। তোমাৰ সাক্ষাৎ পোৱাৰ এটি বিয়লি সময়ৰ পৰিহাসত কটোৱা নহ'ল, মোৰ কবিতাৰ ছন্দবোৰ প্ৰকাশ কৰাৰ আশাটো আশাতেই হেৰাই গ'ল।
লিখিবলৈ গ'লে তুমিতো জানা শেষ নোহোৱা এটি কাহিনী তুমি। বিশেষকৈ অসমৰ প্ৰতিটো হৃদয়ৰ আৱেগ তুমি। তুমি আমাক এৰি চিৰদিনৰ বাবে গুচি যোৱাৰ বাৰ্তাটো শুনি ভাঙি পৰা হৃদয়ৰ দুৰ্বলতাক সুস্থিৰ কৰিবলৈ মাজৰাতি এন্ধাৰৰ আঁৰত ম'ম এডাল জ্বলাই লিখিবলৈ লৈছোঁ ডায়েৰীৰ ভাঁজত চিয়াঁহীৰ আগত হাবাথুৰি খোৱা কিছু কথা। চিয়াঁহীৱে লিখিবলৈ ধৰিলে —
গান কি, ছন্দ কি, সুৰ কি মই একো নাজানিছিলোঁ আৰু নাজানো, এটা দিন আছিল যেতিয়া মই গান শুনি বৰ বেয়া পাইছিলোঁ আৰু গান গোৱাৰ কথাতো পিছৰেই কথা মোৰ সুৰেই নহয় আনকি চেষ্টাও ইমান কেতিয়াও কৰা নাই। চাৰি বছৰ আগত যেতিয়া মাই আমাক এৰি গুচি গ'ল তাৰপিছত লাহে লাহে নিজৰ পৰিশ্ৰমৰ যেতিয়া নিজৰ ব্যক্তিগত মোবাইল হ'ল তেতিয়া জুবিন দা তোমাক চিনিলোঁ, জানিলোঁ। লাহে লাহে তোমাৰ এটি দুটি গানৰ মাজেৰে গানৰ প্ৰেমত পৰিবলৈ ধৰিলোঁ আনকি আত্মাৰ সিপাৰে তোমাকেই প্ৰিয় গায়ক হিচাপে বাছি ল'লোঁ। এতিয়া যেতিয়াই অসহায় লাগে কষ্ট অনুভৱ হয় তেতিয়াই তোমাৰ গান শুনি নিজকে নৱ ৰূপত সজাবলৈ শক্তি পাওঁ। তোমাৰ গানৰ মাজত আছে এক অন্যান্য যাদু যি যাদুৰ পৰশত মানুহ জীয়াই আছে। তোমাৰ সৃষ্টি মোৰ প্ৰিয় গান — মোৰ মৃত্যু দিনা তুমি আহিবা, মায়া মাথোঁ মায়া, যদি জীৱনৰ ৰঙবোৰে, নায়ক হ'ব খুজি খল নায়ক হ'লো, অলকানন্দা, লুইতৰ বুকুত, কি হ'ব এই জীৱন, মোৰ কথাই আমনি কৰে, অ' দেউতা, ক'ত মোৰ মা, যাবলৈ খোজোতে, ভুলতো নাচাবা তুমি, জীৱন এখনি মায়াময় জীৱনী, আঁতৰি আঁতৰি থাকিলেও তুমি, তুমি আৰু মই, কি নাম দি মাতিম, উজনিৰে ৰে'লখনি ইত্যাদি ইত্যাদি। মই প্ৰতিদিন যেতিয়া বিশ্ববিদ্যালয়ত ৰেলেৰে যাওঁ তেতিয়া তোমাৰ গানেই মোৰ লগৰী, কেতিয়াবা অসহায় লাগিলে তোমাৰ গানে জীয়াই তোলে। তুমি কোন, কেনেকুৱা এইটো মই জানিব নিবিচাৰোঁ মাথোঁ তোমাৰ গানৰ মাজত তৃপ্তি আছে সেয়াই ক'ব পাৰোঁ। মই নিজকে এইটো ভাবি গৰ্ব কৰিছোঁ তোমাৰ লুইতৰ বুকুত মোৰ জন্ম, তোমাৰ গানৰ সুৰত হওক মোৰ মৃত্যু। তুমি মোৰ জুবিন দা হৈ কেতিয়াবা মাজৰাতি সপোনত আহি এটি গান শুনাবা নে..? মই সেইদিনাৰ অপেক্ষাত থাকিম, তুমি আহিবা পদূলিমুখৰ শেৱালিৰ সুবাসত নিজকে জীপাল কৰি।
তোমাৰ হাতত চিঠিখন পৰিলে ভালেই আছিল কিন্তু কথাটো তুমি অবিহনে মোৰ চিয়াঁহীৱে চিঠিখন সজালে...। জুবিন দা তোমাৰ গানৰ প্ৰেমিকা মই আৰু মাজৰাতি তোমাৰ গানেই মোৰ প্ৰেমিক। মোৰ শেষ বিদায় বেলাত তোমাৰ গান শুনি শুব বিচাৰোঁ তোমাৰ দৰে চিৰদিনৰ বাবে। প্ৰিয় তুমি জুবিন দা, ভাষাৰে বুজাব নোৱাৰা এটি শব্দ।
তুমি মোৰ আৱেগ...
ইতি —
তোমাৰ গানৰ অনুৰাগী
তোমাৰ ভনী
শিল্পী দাস (প্ৰিয়), হোজাই
অঙ্গন: পৃষ্ঠাঃ 17
জুবিন দেখোন জুবিনতকৈও ডাঙৰ মানুহ আছিল!
গৌৰিশংকৰ দাস
এইটো কেনেকুৱা মানুহ আছিল ? মানে জুবিন ?
নহয় চাওক, দেশখনত কেৱল কাটো-মাৰোঁ কৰি থকাৰ খবৰেই নাপাওঁনে ? মই হিন্দু তই মুছলিম কৰি থকাৰ খবৰেই নাপাওঁনে ? মই বামুণ তই কৈৱৰ্ত্ত কৰি থকাৰ খবৰেই নাপাওঁনে ? আজি চোন গোটেই মানুহ গালে নিজক পাহৰি একেশাৰীতে ঠিয় হৈ জুবিন জুবিন চিঞৰিলে! অসমীয়া গান গাই হিয়া ঢাকুৰি কান্দিলে! কোন মুছলিম, কোন হিন্দু আছিল কোনেও নাভাবিলে! এদিনৰ বাবে হ’লেও, এই মানুহটোৱে মানুহক মানুহ হোৱাৰ এহ্সাস দি নগ’লনে ? আজি দেখোন গোটেই মানুহবোৰ কেৱল অসমীয়া! আজি হিন্দুবোৰ ক’ত ? মুছলিমবোৰ ক’ত ? ক’লৈ গ’ল মিৰি-কৈৱৰ্ত ? গোঁসাই-বামুণ ? পুৰি খাবলৈ এটাও নাই! আজি কেৱল মানুহ!
জুবিনে কৈছিল মই বামুণ নহয়, মই মানুহ৷ সঁচাকৈ আজি দেখোন চবতে কেৱল মানুহ! বাকী একোৱেই নাই!
ই কেনে কাণ্ড! নোহোৱা-নোপজা কাৰবাৰ চোন! এইটো কেনেকুৱা মানুহ ? নিজেই মৰি মানুহবোৰক মানুহ হোৱাৰ এহ্সাস দি গ’ল!
জুবিন দেখোন জুবিনতকৈও ডাঙৰ মানুহ আছিল!
অঙ্গন: পৃষ্ঠাঃ 18
স্বৰ্গৰ সভাৰ দ্বিতীয় খণ্ড
কংকণ গোস্বামী
স্বৰ্গৰ সভাৰ কাৰ্যসূচী শেষ হওঁ হওঁ-
উপস্থিত থকা সকলক এটা শাৰীকৈ মনৰ ভাৱ বা এটাকৈ প্ৰশ্ন কৰিব দিছে-
লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছে জাতীয় সংগীতটো ইমান বাৰ গোৱা নাই ৪ দিনত মায়াবিনী যিমান বাৰ গাইছে আৰু বাজিছে!
হেমচন্দ্ৰ বৰুৱাদেৱে কৈছে হেমকোষৰ শব্দবোৰ পৰসি চোৱা শ্ৰেষ্ঠ অসমীয়া তুমি!
ভূপেন হাজৰিকাদেৱে সুধিলে তোমাৰ বিদায়ত আক্ষেপ থাকিল নেকি ?
উত্তৰত কৈছে- আপুনি মোক দিয়া সাংস্কৃতিক ভঁৰালৰ চাবিকোচা জেপতেই আহিল, নাজানো সেই তলাবোৰ কোনে কেতিয়া ভাঙি অসমীয়াক আগুৱাই নিব ?
ভিৰৰ মাজত কোনোৱে চিঞৰি কৈছে মায়াবিনীক জাতীয় গীত কৰিব লাগে! সভাত সমবেত সকলোৱে কিৰিলি পাৰি হাঁহিছে!
জংকীয়ে অভিমান কৰি কৈছে, দাদা ৰাইজৰ লগত ইমান বিভোৰ, মায়ে তেতিয়াৰ পৰাই মাতি আছে, গুৰুত্বই নাই!
শলাগৰ শৰাই দি সভাপতি জ্যোতি ককাইদেৱে কৈছে, জুবিন তুমি শংকৰদেৱৰ পৰা ভূপেন হাজৰিকালৈ সকলোকে নতুনকৈ অসমীয়াক চিনাকি কৰাই দিছা, আমি সৰগবাসী ধন্য। এতিয়া সৰগসংগীত টোও নতুনকৈ তোমাৰ কণ্ঠত বাণীবদ্ধ কৰিবলৈ দায়িত্ব দিছোঁ।
সভাৰ শেষত সকলোৱে সমবেত স্বৰত গাইছে, “মায়াবিনী ৰাতিৰ বুকুত”…!
(মঙলদৈ)
অঙ্গন: পৃষ্ঠাঃ 19
গানৰ ঈশ্বৰ
ডঃ ভূপেশ ভাগৱতী
তুমিহে ধুমুহাৰ সতে নাচিব পাৰা,
মোৰ চোন ৰাজহাড়েই নাই।
তুমি ক'ব পাৰা "আন্ধাৰো সঁচা মোৰ"।
ভণ্ড ভাৱৰীয়া মই ধোৱা পাত তুলসীৰ ।
"পলিটিক্স নকৰিবা বন্ধু", সেই গানে তোমাক শুৱায়।
ক'ত আৰু পলিটিক্স, মোৰ বাবে সেয়ে ব্যৱসায়।
তুমি গাব পাৰা "অন্ধ শাসন ভণ্ড শাসক",
গান্ধী পুতলা মই অন্ধ, বধিৰ, নিৰ্বাক।
সিদিনা তোমাক চাবলে' গলোঁ---
অন্ধ ভিখাৰী জনক
নিজৰ ভাগৰ মাছৰ টুকুৰাটোৰ
কাঁইট বাছি খুৱাই আছিলা,
এসাজ ভোকৰ ভাত।
দুখীয়াৰ বিপদত নিশা দোভাগতো
আগবাঢ়ি আহিছিল
তোমাৰ উদাৰ হাত।
বিষাদ গধুৰ মোৰ দেশৰ বতাহ !
বিদেশক কিয় দিলা দান
গানৰ অন্তিম কলি,
অন্তিম উশাহ ?
অ' মোৰ গানৰ ঈশ্বৰ ,
কেতিয়াবা তৰা তুমি দূৰ আকাশৰ,
কেতিয়াবা ৰিঙা পথাৰত
তুমি চিনাকী বাঁহীৰ সুৰ।
অঙ্গন: পৃষ্ঠাঃ 22
অসমীয়াৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ প্ৰতি
প্ৰকাশ হাজৰিকা
শেষ হ'ল এটি গীত,
শেষ হ'ল এটি যুগ,
শেষ হ'ল এটি পৰিচয়।
আছিল এক বজ্ৰ কণ্ঠ,
আছিল এক আপোছহীন ব্যক্তিত্ব,
আছিল এক উদাৰ বক্ষ।
হে মহান শিল্পী,
তুমিয়েতো আছিলা অসমীয়াৰ বৰ্তমানৰ পৰিচয় ,
তুমিয়েতো আছিলা
অসমীয়াৰ
প্ৰতিবাদী এক দুৰ্দান্ত সুৰ ,
তুমিয়েতো আছিলা
উদাৰতাৰে ভৰা এক মহা নায়ক ।
হে মহান শিল্পী
বাট চাই আছোঁ
আমি তোমালৈ বুলি,
আকৌ ধুমুহাৰ সতে মিলি তুমি অসমীয়াক প্ৰেৰণা যোগাবাহি বুলি।
কিন্তু !
নিয়তিৰ কি যে নিষ্ঠুৰ পৰিহাস !
তুমি আহিছা আজি
চিৰ নিদ্ৰাৰ বুকুত শুই আমাৰ মাজলৈ।
হে মহান শিল্পী,
কিয় বাৰু ইমান সোনকালে হাৰ মানি ল'লা ?
আকৌ এবাৰ আহাঁচোন অসমীয়াৰ মাজলৈ,
অসমীয়াই যে বিশ্বাসকে কৰিব পৰা নাই
তুমি আকৌ নাহিবা বুলি।
হে মহান শিল্পী,
তুমি যে অমৰ।
আমাৰ বাবে তুমি সদা নতুন , সদা তৰুণ।
তুমি জীয়াই থাকিবা সদাই অসমীয়াৰ বুকুত ,
মৰমৰ জুবিন গাৰ্গ হৈ ।।
অঙ্গন: পৃষ্ঠাঃ 21
শব্দকণ্ঠ জুবিন গাৰ্গ
অনন্ত কুমাৰ ভূঞা
অনুৰাগ অনুভৱ ইমান বিৰাগ
এটি পাৰ্থিৱ অস্তিত্ব হেৰাল
হেৰাল এটি শব্দকণ্ঠ মধুৰ
চকুপানী নিগৰিল আবেগত
বেজাৰত ক্ষোভ ফেকুৰি উঠিল।
তুমি আছিলা সাধনাৰ প্ৰেমিক
তুমি যুগজয়ী খনিকৰ সংগীতৰ
গুচি গ'লা আপোন দেশলৈ খৰখেদাকৈ।
স্বপ্ন বিভোৰ নিশা
মানুহৰ গান কোনে গাব
কোনে জগায় তুলিব প্ৰাণ
কোনে জীপাল কৰিব মঞ্চখন ।
নিজম সন্ধ্যা শব্দ গুণ গুণ
মৰতত স্তব্ধ হ'ল কণ্ঠ অণুৰণন
আজি বৈকুণ্ঠ উখলমাখল
শুনিছোঁ সেই মায়াবিনী গীতৰ সুৰ
চিৰ সঞ্জীৱিত তোমাৰ প্ৰাণ ।
সাগৰৰ বুকুত উটি গ'ল দুখৰ ঢৌ
হঠাৎ শব্দকণ্ঠ স্তব্ধ হ'ল
সেই কণ্ঠ
অৱৰুদ্ধ হ'ল জনতাৰ হৃদয়ত
পাৰ্থিৱ শৰীৰ নিৰ্বাক স্পন্দনহীন
কৰুণাতাৰ ডাৱৰে ঢাকিলে শোকৰ ছাঁ ।
নিমাওমাও পৰিবেশ
এটা জীয়া অনুভৱ নোহোৱা হ'ল
এটি আত্মা গুচি গ'ল স্বৰ্গধামলৈ
বাস্তৱত শূন্য হ'ল জুবিন গাৰ্গ
শব্দ সুৰৰ ধুমুহা নোহোৱা হ'ল
স্তম্ভিত হ'ল হাজাৰ শ্ৰোতা
শংকিত হ'ল মনৰ প্ৰবাহ
হেৰাল সংগীতৰ ধাৰা
স্তিমিত হ'ল সংগীতৰ জোৱাৰ
ম্ৰিয়মাণ হ'ল সৃষ্টি প্ৰবাহ
শিল্পী কণ্ঠ নোহোৱা হ'ল
চিৰ নিদ্ৰিত শিল্পী প্ৰণাম তোমাক ,
চিৰ জাগ্ৰত তোমাৰ অনুৰাগ
চিৰ প্ৰবাহিত কৰ্মৰাজী
সৰলতাৰ এখনি পথাৰ
হাঁহি জিলিকি ৰ'ব চিৰকাল
সন্ধ্যা নামিল
জোনাকে জিলিকাই তুলিল
তুমি গুঞ্জৰিত হৈ ৰ'বা যুগে যুগে ।
অঙ্গন: পৃষ্ঠাঃ 22
পৰম দেশত জুবিন
ৰাজা
প্ৰভু তুমিয়েই দি
তুমিয়েই নিলা প্ৰভু
আয়ুসৰো সীমনা ভাঙি দিলা
যি বাটেৰে পৃথিৱীলৈ আহিল
সেই বাটেৰে ফুলৰ দলিচা পাৰি
সহস্ৰ গুণমুগ্ধক কন্দোৱাই
তোমাৰেই কাষলৈ পুনৰাই যাবলৈ
পথ যুগুত কৰিলা তুমিয়েই
সেই পথৰ সন্ধান পোৱা লোকৰ সংখ্যা কম
আয়ুসৰ দিন বেগাই যায়
ধৰি ৰখাৰ উপায় নাই
যি যি হ'ল তোমাৰ বিনে একোয়েই নহ'ল
তোমাৰ আশীৰ্বাদত সকলোৱেই হ'ল প্ৰভু
নাই তলা চাবি আমাৰ হাতত
মাটিৰে নিৰ্মিত পুতলা আমি
তুমিয়েই গঢ়িলা না না তৰহৰ মূৰ্তি
প্ৰাণ প্ৰতিষ্ঠা কৰিলা
যাৰ যি কৰ্ম তাকে কৰিবলৈ দিলা
অপূৰ্ব খনিকৰ তুমি
জুবিন গাৰ্গক অদ্বিতীয় শৈলীৰ সৃষ্টিৰে পৃথিৱীলৈ পথালা
কেৱল কথাৰে নহয় কামেৰেও দেখুৱাই দিলে
দেশী বিদেশী থলুৱা ভাষাৰ
সুমধুৰ কন্ঠ জগতৰ সকলো ঠাইতে
নিগৰি থাকক স্বৰ্গীয় সুৰ হৈ
সঙ্গীত সাধনাৰ মহাপুৰুষ সকলৰ মাজত
তোমাৰ নামো খোদিত হৈ ৰব
স্বৰ্গত আৰু পৃথিৱীৰ বুকুত
সদায় জিলিকি থাকা
পুৱতি তৰা হৈ
এতিয়া উপাসনাৰ সময়
শেষ সময়
শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ তোমাক
বিদায় জুবিন শেষ বিদায় ।।
চামতল, মৰাণহাট
২৩ চেপ্তেম্বৰ ২০২৫
মঙ্গলবাৰ
অঙ্গন: পৃষ্ঠাঃ 23
ঈশ্বৰৰ সন্তান
বন্দিতা বৰা
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এটি সাধুকথা ব'ব।
এখন দেশত এজন ৰজা আছিল ।
তেওঁ দেশত নহয় সকলোৰে হৃদয়ত শাসন কৰিছিল ।
মৰতত মায়া জাগে বোলে
মায়াৰ আৱৰণ ফালি মুক্ত তেওঁ
তেওঁ কাঞ্চনজংঘা ।
মানুহ হোৱাৰ আখৰাত সফল হৈছিল তেওঁ।
দুদিনীয়া পৃথিৱীৰ আলহী সকলো,
তেওঁ ঈশ্বৰৰ সন্তান ...
সন্তানে কষ্ট পাব বুলি সোনকালে নিমন্ত্ৰণ আহিল ।
সময়ৰ আহ্বান ?
তথাপিও এই সময় নাছিল, সেই সময়ৰ ।
জোনাক গলা নিশা ধৰাপাটীত ন'হলেও,
কংক্ৰিতৰ ওখ দেৱালৰ আঁৰত জোন লুকালেও
চাঁদৰ ওপৰত মইনাক সাধু কম...
সেই আকাশৰ উজ্বল তৰাটো দেখিছা ?
সৌৱা ' জুবিন মামা ' ।
অঙ্গন: পৃষ্ঠাঃ 24
জুবিন
হীৰেন্দ্ৰ কুমাৰ শৰ্মা
তুমি মৃত্যুঞ্জয়ী
মাথোঁ কণ্ঠ নহয় এটি
আশা, সপোন, দুখ কঢ়িওৱা নদী
মৃত্যুঞ্জয়ী তুমি
চিনাকি পাহাৰৰ টিঙৰ পৰা
দূৰৈৰ সাগৰৰ উপকূললৈ
সেঁতু বান্ধে হৃদয়ে -হৃদয়ে গীতে
গীতত প্ৰেম কণ্ঠত মধুৰতা সানি
বিশ্বজয়ৰ অভিযান তোমাৰ
ভাঁহি আহে গানৰ কলি
সীমনাহীন
নাই শিকলি
বতাহৰ কম্পনত প্ৰতিধ্বনি
ৰূপালী পৰ্দাত উচ্ছল ৰং
হাঁহি -কান্দোনৰ ছবি
আকাশমুখী চৰাই
বোঁৱতী নদী
মধ্য ৰাতিৰ বতাহ
সৰ্বত্ৰ তোমাৰেই সুৰৰ গুঞ্জন
মৌন মুখৰ ওঁঠ নিৰ্বাক
নজহা-নপমা গীত
তুমি মৃত্যুঞ্জয়ী
এক অনন্ত উৎসৱ
এটি অমৰ সুৰ
বাজি ৰ'ব যি চিৰকাল
আমাৰ মাটিত
আমাৰ মাটিত...
অঙ্গন: পৃষ্ঠাঃ 25
জুবিনলৈ একাজলি
শ্ৰদ্ধাঞ্জলি
জ্যোৎস্না দাস
হঠাৎ , সৃষ্টিৰ আকাশত হ'ল প্ৰলয়
ভৰ দুপৰতে ধৰালৈ নামি আহিল
আউসীৰ জয়াল আন্ধাৰ।
সৰগৰ এটুপি চকুলো বোৱাই
মাটি আৰু মানুহৰ গান গাই
সাগৰৰ তলিত শুই পৰিলা
অসময়ত, কিয় গুচি গ'লা তুমি!
হে,জনকণ্ঠ
তোমাৰ গানে ঘৰ সাজিছিল
প্ৰতিজনৰ হৃদয়ে হৃদয়ে
এতিয়া
শদিয়াৰ পৰা ধুবুৰীলৈ
বুকুখুণ্ডি বৈ আহিছে চকুলোৰ নদী
শোকত চপৰা চপৰকৈ খহিছে পাহাৰ
হিয়া দহিছে আজি
বিষত কঁপিছে মাটি
তোমাৰ শূণ্যতাত
উদাসী আকাশ
ৰুদ্ধ নদী
স্তব্ধ বতাহ
হে, গণশিল্পী
তোমালৈ জনালোঁ প্ৰণতি
সীমাৰ পৰিধি ভাঙি
মৃত্যুক গ'লাগৈ জিনি।
ঠিকনা,
শুৱালকুছি
মোবাইল নং,৬০০৩৬৯৬৬৫৭।
অঙ্গন: পৃষ্ঠাঃ 26
উজলি থাকিবা ধ্ৰুৱ তৰা হৈ
জোনমনি বৰা
অপ্ৰত্যাশিত এটা খবৰে
স্তব্ধ কৰি তুলিলে কোটি কোটি
জনতাৰ হৃদয় ।
কম্বু কণ্ঠ নিগৰাই তিনিটা দশক
মোহাচ্ছন্ন কৰি ৰাখিছিলা যাক ,
এতিয়া তেওঁলোকে ইমান সহজে মানি ল'ব পাৰিবনে যে তুমি নাই !
কেৱল অসমতেই নহয়
বিশ্বৰ প্ৰান্তে প্ৰান্তে এতিয়া
চকুলোৰ বান ।
হিয়া ভগা আৰ্তনাদত কঁপি উঠিছে
আজি বসুন্ধৰা ।
ঊনৈছ ছেপ্টেম্বৰ দিনটো
অসমবাসীৰ বাবে এটা কালিকা লগা দিন ।
যিটো দিনত আমি তোমাক হেৰুৱাইছোঁ ।
বয়সত সৰু হ'লেও তুমি সমগ্ৰ অসমৰ
অভিভাৱক আছিলা , সাহস আছিলা, তোমাৰ প্ৰতিবাদী কণ্ঠত
মৌন হৈ পৰিছিল সময় ।
তোমাৰ গীতৰ অমিয়া সুৰেৰে
তিমিৰ বিনাসি আদৰি আনিছিল
তেজাল সূৰ্য্যক ।
হঠাৎ সমুদ্ৰৰ লগত তোমাৰ বন্ধুত্ব ।
কিয়নো লিখিছিলা "সাগৰৰ তলিত শুবৰে মন"
সাগৰে শুনিলে জানা ?
তোমাক ভালপায় বোধকৰোঁ !
যিদৰে তুমি প্ৰকৃতিক ভালপোৱা,
সাগৰক ভালপোৱা, মানুহক ভালপোৱা ।
সেইবাবেই তোমাক শুৱাই ল'লে বুকুত ।
তোমাৰ নিদ্ৰা আহিলে বুকুত সাৱটি ধৰি
শুৱাবলৈ ৰৈ থকা অসমৰ হাজাৰখন কোলা
এতিয়া উদং !
কাকো একো সুযোগ নিদিয়াকৈ
সুদূৰ চিংগাপুৰলৈ ঢাপলি মেলিলা তুমি ।
আৰু তাতেই গৈ
এটা যুগৰ অৱসান ঘটাই তুমি গ'লাগৈ
আচলতে তুমি যাওঁ বুলি ক'লেও ক'তনো যাব পাৰিবা !
আমাৰ শিৰাই শিৰাই তুমি প্ৰবাহিত হৈ আছিলা,
আছা আৰু থাকিবা... ।
(নাৰায়ণপুৰ)
অঙ্গন: পৃষ্ঠাঃ 27
মাত্ৰ এজনেই
ডঃ ইকবাল হোচেইন খান
এজনেই আছিল ,মাত্ৰ এজনেই
মানুহ আৰু মানৱতাৰ চিন্তন
সুৰ আৰু গান
আই অসমীৰ মান ।
স্মৃতিৰ পৰশত চিৰকাল চিৰদিন হৈ থাকিব জুবিন
মানুহৰ হৃদয়ে হৃদয়ে ,অসমীয়াৰ প্ৰাণে প্ৰাণে
কেৱল জুবিন হৈ কেৱল জুবিন হৈ
গানৰ নাম জুবিন
জীৱনক বুজি পোৱাৰ নাম জুবিন
পৰিৱৰ্তনৰ নাম জুবিন
সংস্কাৰৰ নাম জুবিন
অসাম্প্ৰদায়িক চেতনাৰ নাম জুবিন
বিশালতাৰ নাম জুবিন
সৰলতাৰ নাম জুবিন
নৱ নৱ চেতনাৰ নাম জুবিন
ঐক্যৰ নাম জুবিন
সমতাৰ নাম জুবিন
অসম আৰু অসমীয়াৰ নাম জুবিন
জুবিনৰ নাম জুবিন
অনুষ্ঠানৰ নাম জুবিন
জুবিন অদ্বিতীয়
জুবিন শ্ৰেষ্ঠ আই অসমীৰ ।
সেইবাবেই জুবিন অমৰ ,অদ্বিতীয় হৈ থাকিব
অসমীয়াৰ প্ৰাণে প্ৰাণে
মানুহৰ প্ৰাণে প্ৰাণে ।
জুবিন ,তুমিয়েই সুন্দৰ
তুমিয়েই মুক্ত
তুমিয়েই স্বাধীনতা ।
সেইবাবেই তুমি মোৰ অনুভৱ
তুমি মোৰ চেতনা
তুমি মোৰ শব্দ
তুমি মোৰ কবিতা
মোৰ হৃদয়ৰ , মোৰ প্ৰাণৰ
মোৰ কোমলতাৰ ।
(বৰপেটা
ভ্ৰাম্যঃ 9954184964)
অঙ্গন: পৃষ্ঠাঃ 28
জুবিন গাৰ্গ -- এক অমৰ সত্তা
এইচ্ বি দিব্যাক্ষী চৌধুৰী
এক প্ৰতিবাদী সত্তা
যাৰ দুচকুত প্ৰকাশ পায়
আকাশক
সাৱটি ধৰাৰ বাসনা।
মায়াবিনী ৰাতিত
শুকান বনত
এটি নিয়ৰৰ কণিকা
হোৱাৰ কামনা।
এক নৱ চিন্তা
যাৰ কন্ঠত প্ৰকাশ পায়
অমৰত্বৰ গান।
ৰʼদ বিচাৰি বিচাৰি
কৰা জীৱনজোৰা
সন্ধানৰ কথা।
জাতিৰ হকে
অসমৰ হকে
তেওঁ
এক জটিলতাহীন চৰিত্ৰ
স্পষ্ট মনৰ
এক অনন্য চৰিত্ৰ।
সংগীত জগতৰ ভোটাতৰা
জুবিন গাৰ্গ
আজি হেৰাই গ'ল।
সাগৰ তলিত
শুবৰ মন বুলি
সাগৰৰ তলিতেই
শুই গুচি গ'ল
কায়িক উপস্থিতিহীন
আত্মীয়ৰ দেশলৈ ।
দেহ এৰি তেওঁৰ
আত্মা মুকলি হ'ল।
পাখি মেলি
উৰি গʼলগৈ ।
আমাক দি
এক দুঃখবৰ।
মৃত্যু এতিয়া সহজ হʼল
সঁচাকৈ,
দেহৰ ভৰষা নোহোৱা হʼল ।
তোমাৰ দেহক
আত্মাহীন চাবলৈ
কাৰোৱেই মন নাছিল।
মৃত্যু সুলভ যদিও
ইমান সহজ বুলি
কোনেও ভবা নাছিল।
কিন্তু সময়ৰ পাকচক্ৰত
সাগৰৰ সোঁতত
হেৰাই থাকিল
সকলো প্ৰাৰ্থনা,
ইচ্ছা ,
কিম্বা আশা ।
ৰিণি - ৰিণি
এটা কৰুণ সুৰ
আজি অসমীৰ
কোলাত বাজিছে।
বিদায় লগনৰ
মৰ্মন্তুদ
বেদনাত
জৰ্জৰিত
অন্তৰবোৰৰ
কথা সেয়া।
দূৰণিৰ আকাশত থকা
পৰিয়ালৰ কাষলৈ
আজি যে অসমৰ আপোনে
গমন কৰিছে।
চোৱাচোঁন তুমি
তোমাৰ গুণমুগ্ধই
কিমান হেঁপাহেৰে
অবিশ্বাসৰ
ভাৱনাত
তোমাৰ বাবে
বাট চাই আছে।
তেওঁলোকে
ভাবিছে
পৰিসমাপ্তি হʼল
এটা যুগৰ
এটা গানৰ !
কিন্তু উদাত্ত কন্ঠৰে
জনতাৰ
অন্তৰে অন্তৰে
বিচৰণ কৰা
জুবিনৰ
এয়া অন্ত নহয়।
জুবিন অমৰ,
অমৰ জুবিনৰ গান,
অমৰ জুবিনৰ কন্ঠ আৰু
অমৰ জুবিনৰ অস্তিত্ব ।।
অঙ্গন: পৃষ্ঠাঃ 29
কোনোবাই কৈ থকা শুনিলোঁ
জ্যোতি পি চি শইকীয়া
কোনোবাই কৈ থকা শুনিলোঁ
আমাৰ জুবিনৰ সমান ধনী জানো কোনোবা হ'ব পাৰে।
সঁচাকৈয়ে
সঁচাকৈয়ে ।
মৰমৰ ধনী
হেঁপাহৰ ধনী
সকলোতকৈ জুবিন মানুহৰ ধনী।
ইমান মানুহ, ইমান চকুলো
জন সমূদ্ৰ পাৰাপাৰহীন।
ইমান বুকুৱে বুকুৱে জুবিনক ভালপোৱা
জনা নজনাকৈ বৈ আছে
বৈ থাকিব অসম থকা লৈকে
অসমীয়া অভিন্ন হৈ থকা লৈকে।
আমাৰ তিনি প্ৰজন্মক জাতি মাটি ভাষাৰ সীমাবদ্ধতা ভেদি গীতৰ শক্তিশালী বান্ধোনেৰে বান্ধ খুৱাই থৈ গুচি গ'ল অজান দেশলৈ ।
আকাশে বতাহে
তেওঁৰ প্ৰতিটো গীতে মাতে
জীৱন্তে থাকিব জুবিন
অসমীয়াৰ হিয়াৰ আমঠু হৈ।
দি গ'ল
থৈ গ'ল
এতিয়া লালন পালনৰে জীয়াই ৰখাৰ মহা দায়িত্ব আমাৰ ।
শান্তিৰে থাকক জুবিন
ভগৱানৰ দেশত ।
অঙ্গন: পৃষ্ঠাঃ 30
জুবিন গাৰ্গ
চিৰঞ্জীৱ জৈন
সেউজ ধৰাৰ চিৰন্তন শিশু
হেৰাই গ'ল সাগৰৰ বুকুত
বাধা নমনা প্ৰচণ্ড ধুমুহা
স্তব্ধ হৈ ৰ'ল সাগৰৰ বুকুত
গাইছিলা কেতিয়াবা
"আকাশ গাতে ল'বৰে মন
সাগৰ তলিত শুবৰে মন "
গানৰ কলি দিঠক হ'ল
চৌদিশে মাথোঁ
বিষণ্ণতাৰ নৈ বৈ গ'ল
প্ৰতি প্ৰজন্মৰ
প্ৰাণৰ স্পন্দন
মায়াবিনী ৰাতিৰ বুকুত
অনামিকা, অনুৰাধা,
বাঁহী, ৰুণজুন
তোমালৈ আজি
বাদ্যযন্ত্ৰবোৰে বাট চাই আছে
স্বৰলিপিবোৰে বাট চাই আছে
নীলাচল, লুইতে বাট চাই আছে
বিহুতলিবোৰে বাট চাই আছে...
মবাইল ন:-৯৮৬৪১৬৫১৫৯
অঙ্গন: পৃষ্ঠাঃ 31
বিদায় দিব নোৱাৰোঁ জুবিন দা
অনুভৱ প্ৰিয়ম মিৰি
বিদায়ৰো থাকে এটা সময়
কিন্তু এইয়া বিদায়ৰ সময় নহয়
এই অসময়ত কেনেকৈ বিদায় দিম কোৱা
তুমি জনতাৰ বুকুৱে বুকুৱে
প্ৰিয় গীত হৈ বাজি আছা
তোমাৰ মৃত্যুত !
দুখ নকৰিবা বুলি ক'লে
কেনেকৈ দুখ নকৰাকৈ থাকিম
নাকান্দিবা বুলি ক'লে
কেনেকৈ নকন্দাকৈ থাকিম
তুমিতো আমাৰ হিয়াৰ আমঠু
কলিজাৰ এফাল
তোমাৰ সুমধুৰ গান শুনি শুনিয়ে
আমি ডাঙৰ-দীঘল হৈছোঁ
আমি ভাল পাবলৈ শিকিছোঁ
কোৱা কেনেকৈ ৰখাম আৱেগৰ চকুলো
তুমিতো আমাৰ বাবে কেৱল শিল্পীয়ে নাছিলা
তুমিতো আমাৰ হেঁপাহৰো হেঁপাহৰ
বুকুৰো বুকুৰ হাৰ্টথ্ৰব আছিলা
শুনি শুনি আমনি নলগা
তোমাৰ গানৰ মায়াবী সুৰৰ মূৰ্চ্ছনা
সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ বিয়পি পৰিছিল
আত্মবিভোৰ হৈ পাগল হৈছিল
লক্ষ লক্ষ শ্ৰোতা
আৰু আনন্দত নাচি উঠিছিল মন প্ৰাণ
গান গাই গাইয়ে
তুমি সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিব বিচাৰিছিলা
আৰু চিঞৰি চিঞৰি কৈছিলা
"মোৰ কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই
মোৰ কোনো ভগৱান নাই
মই মুক্ত "
গছ কাটি বেয়া পাই
কেতিয়াবা ইয়াৰ বিৰুদ্ধে সৰৱ হৈছিলা
গছ ৰুই ভাল পাই জীৱ-জন্তুক আশ্ৰয় দিছিলা
মানুহৰ বিপদৰ সময়ত সহায় কৰি
তুমি মানুহৰো বিশেষ মানুহ আছিলা
আৰু এনেকুৱা মানুহ এজনক হেৰুৱাৰ সময়ত
কেনেকৈ নাকান্দিম কোৱা
তোমাক বিদায় দিব নোৱাৰোঁ জুবিন দা
তুমিতো কেৱল শিল্পীয়ে নাছিলা
তুমিতো এটা অনুষ্ঠান আছিলা
অসমীয়াৰ এটুকুৰা হীৰা আছিলা
সম্পদ আছিলা
এনেকুৱা আনতকৈ বেলেগ এজনক
কেনেকৈ বিদায় দিম কোৱা !
অঙ্গন: পৃষ্ঠাঃ 32
মৃত্যু এতিয়া সহজ
মৃত্যু এতিয়া ঊছৱ
শৰ্মীষ্ঠা
মৃত্যুক ইমান সহজ কৰি, মৃত্যুক ঊছৱ কৰি তুমি আমাক তুমিহীন কৰি গ'লা...
জুবিন দা ...
তুমিহীন হৈ আমি কেনেকৈ থাকিম ? তুমিহীন জীৱন আমি কল্পনাই কৰিব নোৱাৰোঁ !
"আকাশে গাতে ল'বৰে মন
সাগৰ তলীত শুবৰে মন"
তুমি আকাশখন গাত মেৰিয়াই লৈ সাগৰতলীতে শুই গ'লা !
তুমি আমাৰ সাহস, তুমি আমাৰ গৌৰৱ, তুমি আমাৰ হিয়াৰ আমঠু, তুমি আমাৰ প্ৰাণ। তোমাৰ অবিহনে কল্পনাই কৰিব নোৱৰা অসমখনে কেনেদৰে বিনাইছে দেখিছানে ? হিয়া ঢাকুৰি ঢাকুৰি সকলোৱে কান্দিছে!
তুমি কিয় কৈছিলা "মই মৰিলে এইটো গানেই বাজিব কিন্তু "
"নিজানৰ গান মোৰ শেষ হ'ব"
চোৱা আটায়ে কান্দি কান্দি, চিঞৰি চিঞৰি এতিয়া এই গানটোকে গাই আছে। শব্দবোৰ সুৰবোৰ গৈ আকাশত
খুন্দিয়াইছেগৈ !
তুমি গুচি গ'লা বুলি আকাশেও কান্দিছে, ঘাঁহ-বন, গছ-পাত-লতাই কান্দিছে!কান্দিছে ডেকা বুঢ়া মেথাই, কান্দিছে জীৱজন্তু চৰাই চিৰিকটিয়ে! কান্দিছে মাটি-বালি, এটি এটি ধূলিকণাই !
দুখত সকলো ভাগি পৰিছে অ' জুবিন দা! হঠাতেই উজাগৰী মায়াবিনী ৰাতি নমাই আনিলা এই ধৰাত।
"দেহৰ ভৰসা নাই বুজিছানে নাই
দেহৰ ভৰসা নাই বুজিছানে নাই"
গাই গাই তুমি গুচি গ'লা লাহেকৈ আমাৰ মাজৰ পৰা।
তুমি যেন পপীয়া তৰা
......
তুমি নহয় পপীয়া, তুমি আমাৰ মন আকাশৰ ধ্ৰুৱতৰা হৈ যুগ যুগান্তৰলৈ জীয়াই থাকিবা।
আমি নাপাহৰো তোমাৰ উপদেশ
"যদি জীৱনৰ ৰংবোৰে লুকাভাকু খেলে
যদি আশাৰ চাকিটি উমি উমি জ্বলে
তথাপিও বন্ধু তুমি আগুৱাই যাবা"
আমি তোমাৰ স্মৃতিবোৰ বুকুত বান্ধি জীৱনত আগুৱাই যাম।
তোমাক বিদায় বুলি নকওঁ, তুমি আমাৰ সাহস আৰু প্ৰেৰণাৰ স্ৰোত হৈ আমাৰ লগত সদায়েই থাকিবা।
অঙ্গন: পৃষ্ঠাঃ 33
শ্ৰদ্ধাঞ্জলি
আমিনা খানম
শ্ৰদ্ধাঞ্জলি মোৰ কবিতাৰ নাম,
মোৰ বুকুখন
বৰকৈ বিষাইছে,
ৰাতি শুব পৰা নাই।
মই মাথোঁ নীৰৱে,
চকুলো টোকিছোঁ।
তুমি নোৱাৰা মৰিব,
তুমি মৰিও অমৰ ।
কিয়নো, তুমি যে
আমাৰ প্ৰত্যেকজনৰ,
হিয়াৰ আমঠু ,
বুকুৰ কলিজা।
তুমি আমাক
এবাৰো নকলা ,
তুমি যে যাবা গৈ
অচিন দেশলৈ,
কোনো দিনে
ঘূৰি নহাৰ বাটেৰে ।
তোমাক এবাৰ
হেঁপাহ পলুৱাই চাবলৈ
বৰ মন গৈছে অ,
সেইবাবেই হয়তো মোৰ
বুকুখন বৰকৈ বিষাইছে।
জুবিন, তুমি আমাৰ
প্ৰতিগৰাকীৰ প্ৰতিটো
উশাহত আছিলা ,
আৰু সদাই থাকিবা।
তুমি মৰিও অমৰ ।।
অঙ্গন: পৃষ্ঠা 34
পুষ্পসজ্জিত বাহনত জুবিনদা
ৰুমী কলিতা দত্ত
জুবিনদা জাগা, উঠা
তোমাৰ বাবে ৰৈ আছে
হাজাৰ হাজাৰ জনতা
কিয় আছা চিৰনিদ্ৰাত
পুষ্পসজ্জিত এই বাহনত ?
আজি শত শত আত্মাই কান্দিছে
ৰাজপথত বিশাল সমূদ্ৰ,
জনসমূদ্ৰ...
তোমাৰ বাবেই অপেক্ষা
সহস্ৰ অনুৰাগীৰ
তোমাৰ ছবি চৌদিশে
আকাশে-বতাহে
ৰৈ আছে গুণমুগ্ধ
সকলোৱে জনাব তোমাক শ্ৰদ্ধাঞ্জলি।
কিন্তু কেনেকৈ জনাব
বিষাদবোৰ উঠিছে উঠলি
সেয়ে তুমি উঠা জুবিনদা !
এতিয়া ব'হাগ হ'ব নিৰস
কোনোৱে নানাচে বোকা ডান্স
নকৰে লাঠী চাৰ্জ
এতিয়া ব'হাগো সলনি হ'ব জানানে ?
বিদায় জুবিনদা
কঁপিছে হাত-ভৰি
কঁপিছে হৃদয়
সেয়ে জনাওঁ জানো বিদায়
জুবিনদা তুমি আছিলা
তীক্ষ্ণ ধাৰ তৰোৱাল
অসমৰ আপুৰুগীয়া সম্পদ তুমি।
উঠানা জুবিনদা
নিদ্ৰাৰ পৰা সাৰ পোৱা
মানুহ কি ?
মানুহ কোন ?
উপলব্ধি কৰিবলৈ শিকাই গ'লা!
তোমাৰ নামত কেনেকৈ
ৰুই থওঁ গছ
সেয়ে গামোচাখনকে লোৱা
আৰু শেষ যাত্ৰা কৰা
আমি নিদিলেও তুমিতো যাবাই
জনসমূদ্ৰৰ মাজেৰে
ক'বলৈ আৰু ভাষা নাই
শব্দবোৰো হেৰাই যায়
হে...মহান শিল্পপ্ৰাণ
পুনৰ জনালোঁ প্ৰণাম ।
বিদায় জুবিনদা।
(গাঁও-২ নং কেন্দুগুৰি,ডাক-ধমন,জিলা-ডিব্ৰুগড়
পিন-৭৮৬৬১০
ভ্ৰাম্যঃ ৯৩৬৫৩৭৫৩০৩)
অঙ্গন: পৃষ্ঠাঃ 35
বিদায় জুবিন
ৰঞ্জনা শৰ্মা
চিৰ নিদ্ৰাত মগন তুমি
নিৰৱে আছা শুই
দেশৰ মাটি এৰি
সাগৰৰ তলিত জিৰালা গৈ
স্বাভিমানী সত্তা তোমাৰ
শিশুসুলভ মন
আৰ্তজনৰ বিননিত কঁপিছিল
হিয়াখন ।
প্ৰাণৰ শিল্পী তুমি
নয়নৰ মণি
তোমাৰ বিদায় ক্ষণত
উচুপিছে ধৰণী ,।!
আকাশে বতাহে শুনো
তোমাৰেই গান
তোমাৰ অবিহনে পূৰ্ণাংগ
নহয় বিহুখন ।!
সৃষ্টিৰ ভাবনাত বিভোৰ
উজাগৰী নিশা
তোমাৰ গানে জীপাল
কৰে মৰহা আশা ।!
বিদায় দিব নোৱাৰো তোমাক
ৰাখিম হৃদয়ত
যুগে যুগে ৰাখিম জীয়াই
সৃষ্টিৰ মাজত।।
অঙ্গন: পৃষ্ঠা 36
জুবিন গাৰ্গ তুমি
সীতা দেৱী
শিল্পী সত্তাৰে ,
আজন্ম গানৰ ঝংকাৰ তুলি
হেজাৰ অনুৰাগীৰ হৃদয়ত,
শত সহস্ৰ কল্লোলিত সুৰ ধ্বনিৰ সষ্টা তুমি।
হিয়াৰ আমঠু,
অসম গৌৰৱ,
নৱ প্ৰজন্মৰ বুকুৰ ধপধপনি,
আজন্ম সংগীতৰ ধ্বজাবাহক তুমি।
অক্লান্ত যোদ্ধা তুমি,
আজি
সাগৰ তলিত নিদ্ৰামগ্ন হৈ,
বিশ্ব ব্ৰহ্মাণ্ডত মৃত্যু জিনাৰ গান শুনাই গ'লা।
ভাষা নাই,
শব্দ নাই আজি
তুমি নাই বুলি কোৱাৰ সাহস নাই,
দৰদী কণ্ঠৰ মহা নায়ক তুমি।
এজাক ধুমুহাৰ অন্তত
শিশুৰ নিৰিবিলি প্ৰভাতী গান তুমি।
দুখীয়া ৰুগীয়াৰ প্ৰকৃত বন্ধু তুমি।
আজীৱন অসমীয়া তুমি,
ঐনিতমৰ সুৰ আৰু মাদলৰ তাল তুমি।
জাতীয় জীৱনৰ ভোটা তৰা,
অলীক সৃষ্টিৰ ৰহঘৰা তুমি।
সুৰেৰে গানেৰে অভিনয় আৰু কথাৰে যাউতী-যুগীয়া তুমি,
মহান দ্ৰষ্টা অমৃত পুত্ৰ
জুবিন গাৰ্গ তুমি।
অঙ্গন: পৃষ্ঠা 37
জুবিন
হীৰেন্দ্ৰ কুমাৰ শৰ্মা
তুমি মৃত্যুঞ্জয়ী
মাথোঁ কণ্ঠ নহয় এটি
আশা, সপোন, দুখ কঢ়িওৱা নদী
মৃত্যুঞ্জয়ী তুমি-
চিনাকি পাহাৰৰ টিঙৰ পৰা
দূৰৈৰ সাগৰৰ উপকূললৈ
সেঁতু বান্ধে হৃদয়ে -হৃদয়ে গীতে
গীতত প্ৰেম কণ্ঠত মধুৰতা সানি
বিশ্বজয়ৰ অভিযান তোমাৰ
ভাহি আহে গানৰ কলি
সীমনাহীন
নাই শিকলি
বতাহৰ কম্পনত প্ৰতিধ্বনি
ৰূপালী পৰ্দাত উচ্ছল ৰং
হাঁহি-কান্দোনৰ ছবি
আকাশমুখী চৰাই
বোঁৱতী নদী
মধ্য ৰাতিৰ বতাহ
সৰ্বত্ৰ তোমাৰেই সুৰৰ গুঞ্জন
মৌন মুখৰ ওঁঠ নিৰ্বাক
নজহা-নপমা গীত
তুমি মৃত্যুঞ্জয়ী
এক অনন্ত উৎসৱ
এটি অমৰ সুৰ
বাজি ৰ'ব যি চিৰকাল
আমাৰ মাটিত
আমাৰ মাটিত...
অঙ্গন: পৃষ্ঠা 38
কাল ধুমুহা যেতিয়া বলে
ৰাজেন বৰা
সান্দি সান্দি সান্দি
কালে খান্দে সিন্ধি
বাহিৰে ওন্দোলা বসুন্ধৰা
ভিতৰি ফচঙা ধোন্দোলা
সান্দি সান্দি সান্দি
কালে মাৰে বান্ধি
শ্যাম কানু দূৰলৈ নাযাবা
সোণৰ মাটিতে মোহন মুৰুলি বাবা
মন্দিৰ ভিতৰতহে, বাহিৰত ব্যৱসায়
হৃদয় তলিৰে বয় প্ৰেম অমৃতৰ নদী
হিয়াৰ থলীতে উজলে বৈদ্যুৰ্যৰ মণি
মানসী বেদীত জ্বলে অশ্ৰু ঐশ্বৰ্যৰ চাকি
অ’ মোৰ কাল ধুমুহাত বোৱা ৰতি হীন যাদৃচ্ছিক গতি
যদিওবা গতি বিনে নাই গতি
পলায়ন দ্যুতি লভি নেহেৰুৱাবা স্থিতি
গতিহীনতাত যতিৰ দৰেই
গতিতেই পৰে গতিৰো ইতি...
অঙ্গন: পৃষ্ঠা 39
শিল্পীৰ মহাপ্ৰয়াণত
ৰাজীৱ কুমাৰ ফুকন
পথে পথে গান গাই গাই
ডেকা-গাভৰুয়ে তেওঁক বিচাৰি ফুৰিছে
চকুলোৰে তিয়াইছে বাট সকলো মানুহে
হঠাৎ প্ৰচণ্ড ভূমিকম্পত খহি পৰিল সকলোৰে বুকু
নাভিকেন্দ্ৰ চিংগাপুৰ লাছেৰাজ দ্বীপ ঘেৰি ৰখা সাগৰ
সাগৰ তলিত শুৱলৈ তেওঁৰ আছিল আশা
মায়াবিনী ৰাতি তুলি আনিছিল যি সোণসেৰীয়া ভাষা
দেখা পোৱা নাছিল ধৰ্ম, জাতি, বৰ্ণ, কোনো ভগৱান
আছিল মানুহ চকুত মাথোঁ মানুহৰ সপোন
আৰ্তজনৰ বাবে চেনেহৰ এখন হাত
গানৰ কি শক্তি
গানৰ কি সাহস
আজি নিৰ্বাপিত সাহসী গীত
অৱসান মুক্ত কণ্ঠৰ
খেয়ালী মনে নিবিচাৰে এতিয়া
যলৈকে মন যায় যাবলৈ
যি মন যায় কৰিবলৈ
"সোণেৰে সজোৱা পঁজা জহি-খহি যায়"
মানুহৰ মনত সজা সাহসৰ পঁজা
দৰদী হৃদয়ৰ ললিত সাঁচ
নজহে-নপমে থাকিব সদায়।
পথে পথে তেওঁৰে গান গাই গাই
ডেকা-গাভৰুবোৰে জুৱিনক বিচাৰি ফুৰিছে
শিল্পী যে গৈছিল দূৰলৈ কোন বাটে আহিব দুনাই।
অঙ্গন: পৃষ্ঠা 40
শিল্পীৰ মৃত্যু নহয়
মুকতাৰ আলী
তোমাৰ গানে নিচুকোৱাব নে
কন্দুৱাব, মাজ ৰাতি ?
যেতিয়া জোন সাৰে থাকিব,
তোমাৰ সুকীয়া সুৰেৰে পোহৰাব
এই নিৰৱ অনুৰাগীৰ
উকা কোঠা ।
এতিয়াও সাৰে আছা তুমি,
মাথোঁ মৌন হৈ
শুনি আছা তুমি,
এটা জাতিৰ দুখৰ বিননি।
শিল্পীৰ মৃত্যু নহয়,
শিল্পীয়ে মৃত্যুকো জিনে,
আপোন শিল্পৰে।
যুগে যুগে বৈ থাকিব
তোমাৰ আজন্ম সত্তা,
সিপাৰে থাকিও তুমি
আমাক পোহৰাবা।
(যোৰহাট চিকিৎসা মহাবিদ্যালয়)
অঙ্গন: পৃষ্ঠা 41
জুবিনদা তুমি অমৰ
আব্দুল কাদিৰ খান
অসমৰ আকাশ
আজি নিৰৱ
আকাশে কান্দিছে
তৰাবোৰে শোকসভা পাতিছে
চৰাইবোৰে নিৰৱে
ধীৰ গতিত উৰিছে
ডাৱৰ থমকি ৰৈছে
মেঘবোৰে স্তব্ধ হৈছে
গছ-গছনি, তৰু-লতা
পাহাৰ পৰ্বত নদ-নদী
সাগৰ-মহাসাগৰ যেন
নিৰৱে চকুলো বোৱাইছে
জুবিনদাৰ অকাল মৃত্যুত
আকাশে বতাহে
কেৱল জুবিন জুবিন
বুলি চিঞৰিছে
জুবিনদা আৰু নাই
বিশ্বাস হোৱা নাই
আকাশে বতাহে
কেৱল জুবিনদাৰ গান
অসমীয়াৰ প্ৰাণ
অসমীয়াৰ স্বাভিমান
জুবিন গাৰ্গ আৰু নাই
অসমবাসীৰ অন্তৰত
চিৰদিন জীয়াই থাকিব
জুবিনদা
আকাশত সদায়
জিলিকি থাকিব
উজ্জ্বল নক্ষত্ৰ হৈ
জুবিনদা তুমি অমৰ
তুমি অমৰ তুমি অমৰ
তুমি যুৱ প্ৰজন্মৰ প্ৰেৰণা
তুমি সমন্বয়ৰ সেতু গঢ়িছা
তোমাৰ কালজয়ী গীতেৰে
তুমি অমৰ, তুমি অমৰ
জুবিনদা তুমি অমৰ ৷৷
অঙ্গন: পৃষ্ঠা 42
অমৃতৰ পুত্ৰ তুমি
ড০ দীনেশ বৈশ্য
অমৃতৰ পুত্ৰ তুমি
তোমাক নিদিওঁ বিদায়
তুমি আমাৰ সৈতে থাকিবা
চিৰদিন চিত্ৰকাৰ
কেৱল মানুহৰ বাবে গান গাই
কেইবা নিশা ধৰি টোপনি নাই
উজাগৰ আন্ধাৰ ৰাতি
ইকাটি-সিকাটি
চৌদিশে আৰ্তনাদ কান্দোনৰ নিনাদ
কোটি কোটি মানুহৰ নিদ্ৰাহীন ৰাতি
মগজুত জুৰণি নাই
চৌদিশে বাজি আছে গান
অস্থিৰ অগণন মানুহৰ প্ৰাণ
মাজনিশা সপোন নে দিঠকত
এক আকাশচুম্বি অমৃত পুত্ৰ সমুখত
ইমান চিনাকি এই মুখ
ইমান চিনাকি মাত
চক খাই উঠি কলো
তুমি চোন গুচি গলা
আমাক এৰিথৈ
কাকো একো নোকোৱাকৈ
তেওঁ উচুপি উচুপি ক'লে
কলৈ যাম মই ?
ক'ত আছে মোৰ ঘৰ ?
ক'ত মোৰ কলিজাৰ ঠিকনা ?
মই ইয়াতেই থাকিম
চিৰদিন চিৰকাল
যিদৰে ইয়াতে থাকিল
জ্যোতিপ্ৰসাদ, বিষ্ণু প্ৰসাদ
ভূপেন দা চিৰদিন চিৰকাল
মইয়ো তেওঁলোকৰ সতে
থাকিম ইয়াতে
কলৈকো নাযাওঁ।
কেৱল এটা কথা আপোনাক
কবলৈ আহিছিলো ছাৰ
আপুনি মোৰ শিক্ষক আছিল
বিজ্ঞান পঢ়ুৱাইছিল
কিন্তু কিয় নিশিকালে সেইকথা
যি কথা জানিলে মানুহ চিনিব পাৰি
কিয় নিশিকালে মোক সেইকথা
চুকত থাকি বুকুত কামোৰা মানুহক কেনেকৈ চিনি থব পাৰি ?
মই গান গাব খুজিছিলো
কেৱল মানুহৰ গান
কেৱল মানুহৰ বাবে
মানুহৰ গান
সিহঁতে মোক
বজাৰলৈ লৈ গ'ল
মোক বেচি খালে
বেচি খালে মোৰ গান
বেচি দিলে মোৰ প্ৰাণ
মোৰ সমূখতেই মোক
মুখা পিন্ধি প্ৰশংসা কৰে
মোক বজাৰলৈ নি
সিহঁতে দৰদাম কৰি
পণ্যৰ দৰে বিক্ৰী কৰে
আজি আপোনাক সুধিবলৈ আহিছোঁ ছাৰ
কিয় মোক নিশিকালে সেইকথা
কিয় মোক নুবুজালে
কলিজাৰ সেই ব্যাথা
ছৰী ছাৰ আপোনাক কৈ গ'লো
সিহঁতক জনাই থলো
মই সব কথা বুজি পাইছোঁ
মই মৰা নাই
মই মৰিও নমৰো
মই পৰিও নপৰো
চিৰদিন চিৰকাল
ইয়াতেই থাকিম মই
এই দেশ মোৰ দেশ
এই পথাৰ এই নদী
এই মাটি মোৰ আই
মই মোৰ দেশৰ মানুহৰ বাবে
গান গাই থাকিম সদায়
গাম অমৃতৰ গান
অমৃতৰ পুত্ৰ মই
ইয়াতেই থাকিম সদায়
কথাখিনি কৈয়েই গুচি গ'ল
আন্ধাৰত মিলি গ'ল
অমৃতৰ পুত্ৰ ভগবান
কৈ গ'ল সেই কথা
যি কথা কোনো ছাত্ৰই
কেতিয়াও কোনো শিক্ষকক
এনেকৈ সঁকিয়াই দিয়া নাই।
তোমাক নিদিওঁ বিদায়
তুমি অমৃতৰ পুত্ৰ
তুমি লুইতৰ পাৰে পাৰে
পথাৰে পাহাৰে
গাঁৱে গাঁৱে চহৰে নগৰে
থাকিবা সদায়
তোমাক নিদিওঁ বিদায়।
জুবিনৰ শিক্ষক
অঙ্গন: পৃষ্ঠা 43
সৃষ্টিৰ খনিকৰ
আৰতী মিশ্ৰ
ভৰ দুপৰীয়া বজালা কিয়
দুখৰ বাঁহী
ক্ৰন্দৰত পৃথিৱী
নোৱাৰে বহন কৰিব দুখৰ ভাৰ
সুৰৰ মায়াৱী হৈ
সৃষ্টিৰ খনিকৰ হৈ
সৰগী সুখ বিচাৰি
পালাগৈ সাগৰতলি
সুৰ সম্ৰাটৰ মায়া চিঙি
তিনি দশক জীৱন জিনি
কীৰ্তি ৰাখিলা ভূৱন ভৰি
মায়াবিনী দৃষ্টিৰে খেলিলা খেলা
ৰূপৰ মাধুৰী বিচাৰি
জিৰালাগৈ চিৰনিদ্ৰাত
হে মায়াবিনী,
জানাই যদি জীৱনৰ সংজ্ঞা
দিছিলা কিয় মিছা ভৰসা
মচিব কোনে অশ্ৰুসিক্ত জনতাৰ হিয়াৰ সন্তাপ
হে মানৱ দৰদী,
নুবুজিলা কিয় ক্ষুধাৰ্ত জনৰ বিলাই বিপত্তিৰ কথা
তুমি বিহীন আকাশ আজি ধূসৰ
ভৰিৰ তলৰ মাটিও যায় খহি
স্তব্ধ হ'ল অনুৰাগীৰ কণ্ঠ
সহস্ৰ জনৰ অশ্ৰুসিক্ত নয়নক নেওচা দি
গৈ থাকিলা কেতিয়াও ঘুৰি নহা বাটেৰে
হে জীৱন দায়িনী সুৰকাৰ,
বিচাৰো তোমাক আমাৰ কাষত আমাৰ মাজত
আমাৰ প্ৰাণৰ উজ্জীৱিত সত্তা হৈ জিলিকি থাকা
নীল আকাশত জোন বেলি তৰা হৈ
সুৰৰ নিজৰা হৈ।।
অঙ্গন: পৃষ্ঠা 44
মোৰ কথাৰে সুঁৱৰিলো
শ্ৰীমতী ৰেখা দিহিঙীয়া গগৈ
"সদাই শুনি থকা সৰু কথাটিও,
গীত হ'লে প্ৰাণ টানি ধৰে।"
আমাৰ অসমী আইৰ,
সুৰ-তান-লয়,
অসমীয়া কথাকে সাৰথি কৰি,
গীত গাই কঁপাই দিগন্ত,
সৰু বৰ মানুহৰ হৃদয় চুই,
ৰচিলা-গালা কত গীত !
অসমীয়া-হিন্দী-বাংলা-নেপালী আৰু কত ভাষাৰ গীত,
গালা প্ৰাণ ঢালি!
সৃষ্টিৰ প্ৰেৰণাৰে প্ৰযোজক হ'লা,
অসমীয়া চিনেমাৰ, মিছন চাইনা আৰু বহুতো।
প্ৰকৃতিৰ প্ৰেমিক আছিলা তুমি,
বান্দৰ-বগলী-কুকুৰ আদি,
যতনে ৰাখিলা।
সবাকে লগত লৈ আগুৱাই গ'লা।
সেইদিনা মনলৈ আহিল বাৰে বাৰে,
শ্ৰদ্ধাৰ কবি দেৱকান্ত বৰুৱাৰ ,
"সাগৰ দেখিছা ?
দেখা নাই কেতিয়াও " কবিতাটো।
অথচ, সাগৰে যে মাতি আছিল,
কোলাত শোৱাই ল'বলৈ বুলি।
অসমৰ ইতিহাসত কাহনিও নোহোৱা নোপোজা এটি দুঃহ ঘটনা হৈ, তুমি এই ধৰা এৰিলা।
মৰিও তুমি অমৰ হ'লা!
সঁচা অৰ্থত,
উভতি নহা বাটেৰে তুমি,
বাট বুলিলা চিৰদিনলৈ।
দেশ বিদেশৰ,
মোৰ অচলা জনমভূমিৰ,
কত জনৰ তুমি যে আছিলা,
নয়নমণি, হাৰ্টথ্ৰুব জুবিন গাৰ্গ।
আজি তোমাৰ বিদায়ৰ পৱিত্ৰ ক্ষণত,
যাচিলোঁ মোৰ অশ্ৰুঅঞ্জলি,
পৱিত্ৰ হৃদয়ৰ পৰা।
অসমী আই আৰু তোমাৰ অগ্ৰজ - অনুজ আটায়ে,
তোমাক সুঁৱৰি থাকিব সদায়,
তুমি যে বিশ্ব বন্দিতা কৰিলা জননী।
অঙ্গন: পৃষ্ঠা 45
যুগ নায়কৰ মহা প্ৰয়াণ
যমুনা দুলু বৈশ্য
সাগৰৰ গভীৰতাত চিৰ নিদ্ৰাত শুই
সকলোকে কন্দোৱাই
গুচি গ'লা চিৰদিনলৈ ,
হে মহান শিল্পী ,
তোমাৰ সত্তা আৰু সময়ৰে
মিঠা কন্ঠেৰে মুহি গ'লা
বুকুৱে ,বুকুৱে , দি গ'লা
মানৱতাৰ জয়গান ।
তোমাৰ সৃষ্টি অক্ষয় ,অমৰ
এই পৃথিৱী থকালৈকে , অনুৰাগীৰ
হৃদয়ে ,হৃদয়ে জিলিকি বাজি থাকিব
তোমাৰ সুৰৰ ঝংকাৰ ,
ক'ত দুখীয়াৰ অসহায় দুখীজনৰ
আছিলা বুকুৰ আপোন ,
পশু-পক্ষীকো ঢালি দিছিলা
স্নেহ-আৰু মৰম ,
শত সহস্ৰ জনৰ অশ্ৰুৰ বন্যাৰে
আকাশে, বতাহে যে আজি স্তব্ধ ,
হে মানৱ উদাৰ বিশাল দৰদী
জুবিন গাৰ্গ, সকলোৰে দুচকু
অশ্ৰু সিক্ত হৈ উচুপিছে ,
চকুৰ পানী সাগৰ হৈ বৈছে
এবাৰ চোৱা দেশবাসীক
তুমি অবিহনে
প্ৰতিজনৰ স্পন্দনত অনুভৱি মনে
কৈছে ---কেৱল শূন্যতা মাথো যন্ত্ৰাণা দায়ক
কোনোদিন উভতি নহা বাটে গমন কৰিলা ,
হে, মহান শিল্পী --
একাঁজলি ভক্তি অঞ্জলিৰে
যাঁচিলো শ্ৰদ্ধাঞ্জলি ।
(শুৱালকুছি)
অঙ্গন: পৃষ্ঠা 46
বাখৰুৱা শব্দৰ গান গাবলৈ জুবিন আজি নাই
ৰেনু মহন্ত
মৃত্যু চিৰদিনৰ বাবে
হৃদয় দহি নিয়া এটি দুখভৰা গান
বাখৰুৱা শব্দৰে গঢ়াই
সোণালী সুৰীয়া কন্ঠৰে
অহৰহ গীত গাই
হাজাৰ জন শ্ৰোতাৰ হৃদয় জয় কৰা
আজীৱন শিল্পীজনকো
মহাকালে নিব পাৰে
অজান দেশলৈ
জীৱন পৰিক্ৰমাৰ পৰা
অকস্মাতে বিচ্ছেদ ঘটাই!!নিলগত আপোনজনে
যন্ত্ৰণাত হাহাঁকাৰ কৰিলেও
মৃত্যুক নোৱাৰে জিনিব
অসহায়বোধত ব্যথিত
মন প্ৰাণ।!
মৃত্যু মাথো জীৱনৰ এক
দুখ ভৰা গান।।
অঙ্গন: পৃষ্ঠা 47
সংগীতৰ আজন্ম সেৱক
(জুবিন গাৰ্গৰ স্মৃতিত এটি চনেট)
অতুল তামুলী
জুবিনৰ সুৰত আমাৰ হৃদয়ত জাগে উল্লাস,
তুৰাৰ মাটিত জন্ম, অসমৰ সংগীত সূৰ্য্যৰ,
তেওঁৰ গীতত হয় জীৱন যৌৱনৰ প্ৰকাশ,
তিনি দশকৰ অবিৰত যাত্ৰা এয়া অমৰ সুৰৰ ।
“ঈয়া আলী”ৰ সুৰে জিনিলে মুম্বাইৰ আকাশ,
অসমীয়া, হিন্দী, বাংলা আৰু যাত্ৰা বহুতো ভাষাৰ,
সংস্কৃতিৰ পথাৰখনতো দেখোঁ বহুমুখী প্ৰকাশ,
বিলাই সমাজৰ বাবে ধন-মন তেওঁ সাহসী উদাৰ ।
দানশীল হৃদয়ে আৰ্তজনক কৰে সহায় ,
তেওঁৰ সৃজনশীলতা জ্বলে সুৰৰ আলোকত,
জীৱন্ত আত্মা, সংবেদনৰ গভীৰ ছায়া।
সিংগাপুৰৰ সাগৰ তীৰত ল'লে শেষ বিদায়,
সদায় জীয়াই থাকিব তেওঁৰ অমৰ গীতত,
আছিল আজন্ম তেওঁৰ চিৰন্তন সংগীতৰ মায়া।।
অঙ্গন: পৃষ্ঠা 48
বিশ্বৰ সৰ্বকালৰ আইকণ
মনোৰমা
সপোনতো নভবা কথা ঘটিগ'ল মাথোঁ ৫২ টা বৰ্ষতে ।
অভিমান্যুৰ দৰে চক্তবেহুত সোমাই এটি হীৰা হেৰাই গ'ল ।
কি নিদাৰুণ! কি মৰ্মান্তিক ? শব্দহীন! ভাষাহীন ।
নাই তোমাৰ মৃত্যু হোৱা নাই, এই মৃত্যু অপৰাজয় !
তুমি শিল্পী কালজয়ী আলোক সন্ধানী ।
আৰ্তজনৰ হিয়াত তুমি জীৱনৰ সঞ্জীৱনী
মানৱতাৰ পূজাৰী তুমি অমৃত গুৰু
সবাভিমনী তুমি বিপ্লৱী তুমি, জনজীৱনৰ জাগ্ৰত প্ৰহৰী তুমি ।
কাহানীও বিশ্বাস কৰিব নোৱাৰা এটি সাঁথৰ হৈ ৰ'লা ।
পিতা-মাতা, ভগ্নীৰ অতি মৰমৰ সোণটো যৌৱনত নাম তোমাৰ গোল্ডী(goldi) ।
দুবছৰতে মা'ৰ পৰা শিকিছিলা সঙ্গীত তথা বাদ্যযন্ত্ৰ ।
তোমাৰ গীতৰ ঝংকাৰে পাৰ ভাঙি গৈছিল সাত সাগৰ তেৰ নদীৰ সিপাৰে ।
পৃথিৱীৰ সৰ্ব শৃঙ্গ চতুৰ্থ স্তম্ভত উঠিলা মাইকেল জেকচন, পোপ ফ্ৰেঞ্চিছ, ৰাণী এলিজাবেথ, লগে লগে তোমাৰ নাম খোদিত হ'ল ।
অসমীৰ হাৰ্টথ্ৰো লুইত কণ্ঠী হামিং সম্ৰাট, দুৰন্ত জুবিন ।
মানৱ বন্দনাৰ সাম্যবাদৰ সত্যৰ প্ৰতীক মানুহৰ মনৰ বিশাল অমিতাভ মহিমামণ্ডিত জীৱ জন্তু, প্ৰকৃতি প্ৰেমিক তুমি চিৰ জ্যোতিষ্মান ।
সমগ্ৰ বিশ্বই তোমাৰ গীতৰে পাতিছে আজি শ্ৰদ্ধাঞ্জলি ।
আজি নীৰৱে, নিতালে আঁকিছোঁ তোমাৰ বাবে এখন আল্পনাৰ ছবি ।
উজাগৰি নিশাৰ শব্দহীন ক্ষণবোৰ গণি গণি পুৱতি নিশাৰ শুক্লপক্ষৰ জোনটোলৈ চাই চাই শিতানৰ গাৰুটো চকুলোৰে তিয়ালোঁ ।
প্ৰশ্নবোধক চিহ্নৰে কায়িকভাৱে সিপুৰীলৈ গ'লা, আকাশৰ ধ্ৰুব তৰা হৈ জিলিকি থাকা ।
যেতিয়াই মন যায় আকৌ মৰ্তলৈ আহি দি যাবা গীত, ভাষা, সাহিত্য, সংস্কৃতি ।
কাৰণ তুমি এক সত্তা, তুমি এক অনুস্থান, তুমি এক ফেনোমেনা।
আমাৰ প্ৰাণৰো প্ৰাণৰ, মনৰো মনৰ সৰ্বকালৰ হিয়াৰ আমঠু আমাৰ গুৰু বিশ্বৰ আইকণ ।
সৰলমনা, আপোন ভোলা দাতা কৰ্ণ মূক্তহস্তে দিবলৈ শিকি, ল'বলৈ নিশিকিলা।
তুমি অমৰ মৰমৰ জুবিন, তুমি অমৰ চিৰদিন চিৰকাল ----।।।
বস্তন
আমেৰিকা
অঙ্গন: পৃষ্ঠা 49
জুবিন গাৰ্গক কেনেকৈ জানিছিলোঁ
মনালিছা শইকীয়া
সেয়া ১৯৯১-৯২ চনৰ কথা। আমি তেতিয়া কলেজীয়া ছাত্ৰী। নতুন গান কেইটামান আমি অনবৰতে গুণগুণাই ফুৰোঁ। সাধাৰণতে ৰেডিঅ’ বা দূৰদৰ্শন যোগে শুনি থকা গানখিনিতকৈ এই গানবোৰ বেছি ৰোমাণ্টিক আছিল। সুৰৰ মায়াত মজি থাকিব পৰাকৈ গায়কৰ কণ্ঠ আবেগেৰে ভৰপূৰ। সেই সময়ত ৰেডিঅ’ আৰু দূৰদৰ্শনৰ বাদে কেছেটৰ গান শুনিব পৰাকৈ আমাৰ ঘৰবোৰত বা গাঁওবোৰত অডিঅ' প্লেয়াৰ বা মিউজিক চিষ্টেম নাছিলেই বুলিব পাৰি। যিকোনো নতুন গান বিয়া-সবাহত মাইকত নাইবা মঞ্চত শুনাৰ সৌভাগ্য হৈছিল। ১৯৯২ চনত জুবিনৰ প্ৰথম কেছেট 'অনামিকা' ৰিলিজ হোৱাৰ পাছতে গানবোৰ কলিজাৰ চুকে-কোণে সোমাই পৰিল। সেই সময়ত কুঠৰী সাংস্কৃতিক ক্ষেত্ৰত খুবেই আগবঢ়া। আমাৰ বন্ধু নয়নমণি শইকীয়া, ভনী নিশামণি, কবিতা, কলিয়াদা, কাঞ্চনদা, মহেন্দ্ৰদাহঁতৰ আমন্ত্ৰণত প্ৰায় সকলো অনুষ্ঠান চাবলৈ ঢাপলি মেলিছিলোঁ। তেনে এখন মঞ্চতে কোনোবাই জুবিনৰ গানবোৰ বৰ ধুনীয়াকৈ গাইছিল। সেইযে আৰম্ভ হ'ল তাৰপিছৰে পৰা এককথাত ক'বলৈ গ'লে আমি 'জুবিন ফেন'। নিজৰ সংগ্ৰহতো জুবিনৰ প্ৰায়খিনি কেছেট এতিয়াও আছে। পৰিবৰ্তনৰ ধামখুমীয়াত কেছেট , মাইক এইবোৰ আমাৰ চকুৰ সন্মুখতে নোহোৱা হ'ল যদিও কেছেটবোৰ, ফিলিপচৰ মিউজিক চিষ্টেমটো সজাই থ'বলৈকে সামৰি থৈছোঁ। কাৰণ গানৰ মায়াতহে ঘৰত গালি খাই হ'লেও এইবোৰ কিনিছিলোঁ। এয়াই জুবিন! যাৰ গীতৰ মায়াই আমাৰ মন মুহিছিল। বোকাখাতৰ প্ৰসিদ্ধ বাদ্যযন্ত্ৰী মৰমৰ ভাই প্ৰয়াত ঢুকুৰ বিশ্বকৰ্মাৰ লগত জুবিনক কৰৈআটি গাঁও, মিলনপুৰত ঘূৰি ফুৰা দেখিছিলোঁ। তেতিয়াৰ দিনবোৰত সৰুল'ৰা বুলি, দীঘল চুলিৰে বেছি ফেশ্বনেব'ল বুলি আমি ঘূৰি চোৱা নাছিলোঁ। আজি সেই জুবিনেই আমাৰ সকলোৰে প্ৰাণত থিতাপি ল'লে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে মানুহৰ বুকুৱে বুকুৱে এতিয়া কেৱল জুবিন বন্দনা। ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট। তেওঁ প্ৰায় সকলোবোৰ বাদ্যযন্ত্ৰই বজাব পাৰিছিল। ১৯৯২ চনত তেওঁৰ প্ৰথম এলবাম 'অনামিকা' মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতত সোমাই পৰে। এই অগতানুগতিক এলবামটোৱে অতি কম সময়তেই সমগ্ৰ উত্তৰ-পূব ভাৰতত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল। সেই সময়ত তেওঁৰ সুৰীয়া কণ্ঠই অসমীয়া সংগীতৰ জগতত আলোড়ণ তুলিছিল। তাৰপিছত জুবিনে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। প্ৰায় ৪০টা ভাষাত ৩৮০০০ গীতেৰে জুবিনে জগত জিনিলে। অসমৰ সকলো প্ৰসিদ্ধ গীত পুনৰ জনপ্ৰিয় কৰি তুলিলে নিজৰ কণ্ঠৰে। শিশুৰপৰা বৃদ্ধলৈকে জুবিন সকলোৰে আদৰৰহৈ পৰিল। মাত্ৰ ৫৩ বছৰ বয়সতে অসমৰ সংগীত জগতৰ উজ্জ্বল জ্যোতিষ্ক জুবিন গাৰ্গ কায়িকভাবে আমাৰ মাজৰপৰা নোহোৱা হোৱাৰ খবৰ অত্যন্ত অপ্ৰত্যাশিত। অসমীয়াৰ হাড়ে-হিমজুৱে প্ৰবাহিত হৈ আছে জুবিনৰ অন্তৰস্পৰ্শা গীতৰ কলিবোৰ, কবিতাবোৰ। জুবিনলৈ জনালোঁ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত।
অঙ্গন: পৃষ্ঠা 50
প্ৰিয় জুবিন
মণিকা গগৈ শইকীয়া
প্ৰিয় জুবিন
যাওঁ বুলিয়ে গুচি গ'লানে
সাগৰৰ বুকুলে
এবাৰো নাভাৱিলা নে
শৰৎ আৰু শেৱালিৰ কথা
অমানিশা ভেদি মায়াবিনী ৰাতিৰ কোলাত
জোনাক বুটলিবলে
তৰাফুলা আকাশত
সুৰৰ মূচৰ্না ঢালিবলে
এন্ধাৰ হ'ব নোখোজা ৰাতিবোৰ
এতিয়া দিনতে এন্ধাৰ ,
প্ৰিয় জুবিন
যোৱাৰ কথাতো নাছিল এতিয়াই
দুপৰৰ ৰ'দে কৈছিল জানো
মূৰ দুপিয়াই ,
আবেলিৰ হেঙুল বৰণীয়া ৰ'দজাক
কিয় সানি ল'লা গালে মুখে
জোনগলা দেশতে সিঁচৰিত হৈ ৰ'ল
কত যে আধাগোৱা গানৰ শব্দ
এতিয়া মাথোঁ
বুকুৱে বুকুৱে তুমি নামৰ স্পন্দন ।
প্ৰিয় জুবিন
বুকুত জ্বলি থকা জুইৰ উত্তাপ
তুমি কিদৰে সহি আছিলা
জ্বলি জ্বলি ছাই হোৱা বেদনাবোৰ লৈও
তুমি ৰজা হৈ আছিলা
ধুমূহাৰ অশান্ত গতিকো নেওচি
তুমি জুবিন হৈ থাকিলা
আৰু জুবিন হৈয়ে থাকিবা ।
প্ৰিয় জুবিন
তুমি হিয়াৰ আমঠু
তুমি আকৌ আহিবা
শৰৎ , আঘোণ , ফাগুন ,বসন্ত
কিম্বা
বাৰিষাৰ দোপালপিটা বৰষুণজাকৰ স'তে
তুমি আমাৰ তেজে তেজে
শিৰে শিৰে
জ্বলি থকা এডালি উদীপ্ত সূৰুয শিখা
তোমাতেই থাপিলো ভকতিৰ থাপনা ।
চাবুৱা ডিব্ৰুগড় ।
অঙ্গন: পৃষ্ঠাঃ 51
শেষ পৃষ্ঠাৰ লেখাঃ
একাষাৰ
"জুবিন" কেৱল এটা নাম নাছিল । জুবিন আছিল আমাৰ হিয়াৰ আমঠু। এজন জনপ্ৰিয় শিল্পীৰ পৰা এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হোৱা জুবিন দা অসমৰ আবেগ আছিল। গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, কবি, আতোতকৈ ডাঙৰ কথা এজন দৰদী হৃদয়ৰ গৰাকী জুবিন দাই সৌ সিদিনা ১৯ ছেপ্টেম্বৰত আমাক এৰি স্বৰ্গধামলৈ গতি কৰিলে। স্বৰ্গীয় জুবিন দাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ। ভগৱানৰ সন্তান ভগৱানৰ ওচৰত কুশলে থাকক। আমি অসমীয়াই আমাৰ হিয়াৰ আমঠুক হেৰুৱাই অত্যন্ত ভাগৰি পৰিছোঁ। দুখত ভাগি পৰিছোঁ। হঠাৎ সুদূৰ ছিংগাপুৰৰ পৰা অহা অনাকাংক্ষিত খবৰটোৱে আমাক সকলোকে মৰ্মান্তিক আঘাত দিলে। কিন্তু মৃত্যু যে চিৰন্তন সত্য। হীৰুদাই কোৱাৰ দৰে " মৃত্যুওতো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্ভোল ভাস্কৰ্য্য।"
প্ৰিয় পাঠক বৃন্দ জুবিন দাক শ্ৰদ্ধা জনায়ে অঙ্গনৰ পৰিয়ালে এই সংখ্যাৰ ই-আলোচনী অঙ্গনত জুবিন দাক শ্ৰদ্ধা জনাই "শ্ৰদ্ধাঞ্জলি" নামেৰে এটি নৱতম শিতান সন্নিৱিষ্ট কৰিছে। হে পাঠক বৃন্দ এই "শ্ৰদ্ধাঞ্জলি"ত আপোনালোকে সাহিত্য নিবিচাৰিব। ই জুবিন দাৰ অনুৰাগীৰ মৰম মাথোঁ। বুকুৱে বুকুৱে শিপাই থকা জুবিন দাক হেৰুৱাই মৰ্মাহত হোৱা শব্দৰ সাধক সকলে পুৰঠ বা অপুৰঠ কলমেৰে জুবিন দাক শ্ৰদ্ধা জনাই তেওঁক নিজৰ মাজত জীয়াই ৰখাৰ চেষ্টাৰে কৰা অনুৰাগীৰ আবেগ, বেদনা, হতাশা, হাহাকাৰ, চিৎকাৰ মাথোঁ আৰু তাৰেই সমষ্টি হৈছে এই "শ্ৰদ্ধাঞ্জলি" । শ্ৰদ্ধাৰ শিল্পীজনক, শিল্পীজনৰ মহানতাক নিঃকিন কলমৰ মেৰপাকত আৱদ্ধ কৰি ৰাখিব পৰাকৈ আমাৰ সামৰ্থ্য নাই। আকাশৰ দৰে বিশাল যাৰ হৃদয়, সাগৰৰ দৰে গভীৰ যাৰ চিন্তা শক্তি, তেওঁক কেনেকৈ আৱদ্ধ কৰিব তুচ্ছ কলমৰ ক্ষুদ্ৰতম নিপত। হে মহান শিল্পী সূৰ্যকণ্ঠ "শ্ৰদ্ধাঞ্জলি" আপোনাক আমাৰ মাজত জীৱন্ত কৰি ৰখা ক্ষুদ্ৰতম প্ৰয়াস মাত্ৰ। আমি যাতে আপোনাক প্ৰতিনিয়ত চুই থাকিব পৰো তাৰ বাবেই এই "শ্ৰদ্ধাঞ্জলি"। হে মহান আমি নিঃকিন নিচলা নৰসন্তান অল্পমতি। আপোনাক আপোনাৰ কৰ্মৰ প্ৰতিদান দিব পৰাকৈ আমাৰ একো নাই। অশ্ৰুৰ সমূদ্ৰ সাঁতুৰি কঁপা কঁপা হাতেৰে গঁথা শব্দৰ মালাৰে সৃষ্টি "শ্ৰদ্ধাঞ্জলি"ৰেই আপোনাক যাচিলোঁ শ্ৰদ্ধাঞ্জলি। হে মহান শিল্পী মহানায়ক আপুনি য'তেই আছে শান্তিত থাকক। আপুনি মৰিও অমৰ। আপুনি আমাৰ মৰমৰ শিকলি চিঙি যাব নোৱাৰে আৰু যাবও নিদিওঁ। জীৱন থকা লৈকে আমৃত্যু আপোনাক হৃদয়ত কঢ়িয়াই ফুৰিম।
"শিল্পী তুমি প্ৰাণৰো প্ৰাণৰ..."
শেষত প্ৰাণৰ শিল্পীজনক সুঁৱৰি মোৰ এটি কবিতা
তোমাক বিদায় দিওঁ কেনেকৈ
(প্ৰাণৰ শিল্পী জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই)
"আকাশে গাতে ল'বৰে মন
সাগৰ তলিত শুবৰে মন"
গোৱাৰ দৰেই শুই দিলা
নীলাভ সাগৰৰ নীলাক সাৱটি আৰু আমি...
অস্বাভাৱিক এই মৃত্যু
অনাকাংক্ষিত
মানি লওঁ কেনেকৈ তুমি নাই
সুৰৰ নক্ষত্ৰ সৰিল
অসমৰ সাংস্কৃতিৰ সূৰ্য ডুবিল
চকুত সমূদ্ৰ লৈ বাট নেদেখা জনসমূদ্ৰ
হাহাকাৰ
হুমুনিয়াহ
শোকসন্তপ্ত
ব্যথিত হৃদয়ক দুখৰ বোজাই কৰে ক্লান্ত
তুমি কেৱল গীত নাছিলা
তুমি আমাৰ
মুখৰ মাত
বুকুৰ সাহস
চকুৰ মণি
সংস্কৃতিৰ বাহক
তুমি এটা অনুষ্ঠান আছিলা
তুমি অসমীয়া সংস্কৃতিৰ স্পন্দন আছিলা
গীত শুনিম, কাৰ গীত
কথা শুনিম, কাৰ কথা
কোনে গাব "মায়াবিনী ৰাতিৰ জোনাক"
কোনে ক'ব "ঘেণ্টা খাতিৰ নকৰোঁ"
ইমান তিতা এই সত্য
ইমান নিষ্ঠুৰ এই সত্য
ইমান অসহনীয় এই সত্য
তুমি নাই
তুমি নাই
তুমি নাই....
আজি পঞ্চভূতত বিলীন হ'লা
তুমিয়েই একালত ৰোপন কৰা চন্দনৰ সুবাসত
সুবাসিত হৈ হৈ তুমি উৰি গ'লা আকাশ ধিয়াই
আৰু আমি অশ্ৰুপূৰ্ণ নয়নেৰে শ্ৰদ্ধাঞ্জলি জনালো
এতিয়াৰ পৰা আমি অন্ধ হ'লো
আমি বোবা হ'লো
আমি বধিৰ হ'লো
আমি দুৰ্বল হ'লো
আমি পঙ্গু হ'লো
আমি আমাৰ জাতিৰ ধ্বজাবাহকক হেৰুৱাই পেলালো
মূক হৈ বহি আছোঁ
খণ্ড-বিখণ্ড হৈ ভগা হৃদয়ৰ টুকুৰাবোৰ চাই চাই
অশ্ৰুৰ অবিৰাম জলধাৰাত প্লাবিত
ধুমুহাই কোবাই যোৱা বিধ্বস্ত চহৰ
বিদায় দিওঁ কেনেকৈ হে প্ৰাণৰ শিল্পী "সূৰ্যকণ্ঠ"
অসমৰ স্বভিমান
তুমি মৰিও অমৰ
তুমি আমাৰ শিৰাই শিৰাই প্ৰৱাহিত হৈ ৰবা
তুমি আমাৰ হৃদয়ে হৃদয়ে স্পন্দিত হৈ থাকিবা
তুমি আমাৰ কণ্ঠৰে কণ্ঠৰে গুঞ্জৰিত হৈ ৰবা
"কাঞ্চনজংঘা"
মানৱ প্ৰেমৰ উৎকৃষ্ট নিদৰ্শনত
যেতিয়াই মানুহে মানুহৰ কথা ক'ব
তেতিয়া তোমাৰ মাতৰ সঞ্জীৱনী সুধা ব'ব
অমৰত্ব অমৰত্ব অমৰত্ব ।।।।
জয় জুবিন দা
জয় জুবিন দা
মঞ্জিত হাজৰিকা
সহ-সম্পাদক, অঙ্গন
6000709096



0 Comments