১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
9678696861/ 6000709096/ 9127564124.
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 ছেপ্টেম্বৰ 2025.
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই।
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন
অঙ্গন: পৃষ্ঠাঃ 5
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 7
👉প্ৰবন্ধ : পৃষ্ঠা-- 8-11
👉ধাৰাবাহিক: পৃষ্ঠা--12
👉অণুগল্প: পৃষ্ঠা: 13--16
👉এক মিনিটৰ গল্প:পৃষ্ঠা: 17
👉অনুবাদ সাহিত্য : পৃষ্ঠা--18
👉কবিতা: পৃষ্ঠা :19-32
👉 নীলাখামৰ চিঠি : পৃষ্ঠা --33
👉গল্প: পৃষ্ঠা : 34--35
👉শেষ পৃষ্ঠা : পৃষ্ঠা-- 36
অঙ্গন: পৃষ্ঠাঃ 6
অঙ্গন
(মাহেকীয়া ই আলোচনী)
মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ
বেটুপাতৰ শিল্পীঃ
ত্ৰিবেণী তালুকদাৰ, ধেমাজি
বেটুপাতৰ অঙ্গসজ্জাঃ
সুদীপ্ত নয়ন নাথ
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
অঙ্গন: পৃষ্ঠাঃ 7
সম্পাদকীয়ঃ
আবেগৰ ৰাজনীতি
পৃথিৱীত মানুহ মাত্ৰেই সকলোৱে কম বেছি পৰিমাণে আবেগিক৷ কিছুমান ব্যক্তিগত পৰ্যায়ত আবেগিক, কিছুমান সামাজিকভাবে আবেগিক, কিছুমান ধৰ্মীয় দিশত আবেগিক, কিছুমান ৰাজনৈতিকভাবে আবেগিক৷ এই আবেগিক দিশটোৰ বাবেই আমি সাধাৰণতে প্ৰায়েই ভুল কামৰ পৰিণতি ভোগ কৰোঁ৷ অসমীয়াত এষাৰ প্ৰবাদ আছে যে আবেগিকভাবে লোৱা সিদ্ধান্ত সাধাৰণতে প্ৰায়েই ভুল বুলি প্ৰমাণিত হয়৷
এতিয়া মূল বিষয়লৈ আহিছোঁ৷ বৰ্তমান সৰ্বভাৰতীয় পৰ্যায়তেই হওক অথবা ৰাজ্যিক পৰ্যায়তেই হওক গৰিষ্ঠ সংখ্যক নেতাই এই আবেগৰ ৰাজনীতি প্ৰত্যক্ষভাবে অথবা পৰোক্ষভাবে কৰি আহিছে৷ ইতিহাসৰ পাত খুচৰিলে দেখা যায় যে এই ধৰণৰ ৰাজনীতিৰ ধাৰাটো দেশত বৰ পুৰণি নহয়৷ পূৰ্বতে দেশৰ মুৰব্বীসকলে জনসাধাৰণক সদায়ে শুদ্ধ পথত অগ্ৰসৰ হোৱাৰ বাবেহে প্ৰেৰণা যোগাইছিল৷ তেওঁলোকে দেশক সদায়ে নিজৰ পদবীতকৈ বেছি গুৰুত্ব দিছিল৷ সামৰিক বিষয়তেই হওক, অৰ্থনৈতিক বিষয়তেই হওক যদি দেশৰ নিৰাপত্তাৰ প্ৰশ্ন জড়িত থাকে তেন্তে তেনেবোৰ বিষয়ক গোপনে ৰাখিছিল, কেতিয়াও প্ৰতিটো বিষয়তেই আত্মপ্ৰচাৰৰ সুৰুঙা বিচাৰি ফুৰা নাছিল৷ কিন্তু আজি সেই ৰামো নাই, সেই অযোধ্যাও নাই৷ দেশৰ উন্নয়ণৰ প্ৰতিফলন যেন কেৱল ডাঙৰ ডাঙৰ পোষ্টাৰ, সামাজিক মাধ্যম, কাগজে পত্ৰই প্ৰকাশিত বিজ্ঞাপনতহে সীমাৱদ্ধ৷
সাধাৰণতে দেখা যায় যে একাশ ৰাজনৈতিক নেতাই জনসাধাৰণৰ অতি স্পৰ্শকাতৰ বিষয়সমূহত মন্তব্য আগবঢ়ায়৷ যেনেঃ মানুহৰ খাদ্য, ধৰ্ম, বাসস্থান, পোছাক, জাতি-জনগোষ্ঠী আদি৷ এনেবোৰ বিষয় প্ৰতিজন ব্যক্তিৰ বাবেই সুকীয়া৷ ভাৰতীয় সংবিধান অনুসৰি এয়া ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ৷ গতিকে আমি কোনেও ব্যক্তিৰ এনেবোৰ দিশত প্ৰশ্ন উত্থাপন কৰিব নালাগে৷ এই কথা প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই আমাক শিক্ষাগুৰুসকলে শিকাইছিল৷ অথচ এনেবোৰ তুলুঙা মন্তব্যৰে জনসাধাৰণক দেশৰ একাংশ ৰাজনৈতিক নেতাসকলেই বিভ্ৰান্ত কৰি আহিছে, সম্ভৱত তেনেবোৰ নেতাই আগলৈও এনে ধৰণৰ বিভ্ৰান্তিৰে দেশৰ নাগৰিকক বিপথে পৰিচালিত কৰি থাকিব৷
ইতিহাসৰ পাত খুচৰিলে দেখা যায় যে ‘অনৈক্যৰ মাজত ঐক্য’, এয়াই ভাৰতবৰ্ষৰ শক্তি, এয়াই আমাৰ সৌন্দৰ্য৷ অসমত ছশ বছৰ ৰাজত্ব কৰা আহোমসকলে এই কথাকেই প্ৰমাণিত কৰি ‘বৰ অসম’ গঢ়িছিল৷
আমি আশাকৰোঁ, জনসাধাৰণে বহু আশাৰে চৰকাৰ গঠন কৰিবলৈ প্ৰেৰণ কৰা একাংশ প্ৰতিনিধিয়ে এনেধৰণৰ আবেগৰ ৰাজনীতি পৰিহাৰ কৰি প্ৰকৃততে দেশখনৰ উন্নয়ণৰ হকে কাম কৰিব, নিজৰ শাসনকালৰ প্ৰতিটো মুহূৰ্তক সৎভাবেৰে কৰ্ম সম্পাদনৰ হকে ব্যৱহাৰ কৰিব৷ দেখিব, জনসাধাৰণে পুনঃ পুনঃ তেনে নেতাসকলকেই নিৰ্বাচিত কৰিব৷
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861
অঙ্গন: পৃষ্ঠাঃ 8
প্ৰৱন্ধঃ
এন ফ্ৰাঙ্কৰ ডায়েৰী, ফাইভ পইন্ট চামৱান
আৰু কিছু অনুভৱ
জুনমনি গগৈ
যিবোৰ কিতাপ পঢ়িলে ৰোমাঞ্চিত হওঁ, আবেগিক হওঁ, মনত হাজাৰটা প্ৰশ্ন জাগে, অ'ত-ত'ত বহি থাকিলেও কিতাপখনৰ কথাবোৰে মনত ডোলা দি যায়, তেনে এখন কিতাপ হ'ল এন ফ্ৰাঙ্কৰ ডায়েৰী। লয়াৰ্ছ বুকষ্টলৰ পৰা প্ৰকাশিত তথা বাসন্তী নস্কৰ আৰু গীতা উপ্যাধায়ে অসমীয়ালৈ ভাঙনি কৰা কিতাপখন মই কেইবাবাৰো পঢ়িছোঁ । এই কিতাপখন যিমানেই পঢ়িছোঁ, সিমানে বুকুত এক বিৰামহীন যন্ত্ৰণাই ক্ৰিয়া কৰে । উদ্যমী, সাহসী, স্বাধীন তথা দৰদী মনৰ ছোৱালীজনী যুদ্ধৰ বিভীষিকাত হেৰাই যাবলগীয়া হোৱা কথাটো ভাবিলেই বুকুখন উথলি উঠে । অনুভৱ হয় আজি যদি এন ফ্ৰাঙ্ক জীয়াই থাকিলহেঁতেন!
এন ফ্ৰাঙ্কৰ দেউতাক অটো ফ্ৰাঙ্ক ইহুদী হোৱাৰ বাবেই জাৰ্মানীৰ পৰা ১৯৩৩ চনত হলেণ্ডলৈ প্ৰব্ৰজন কৰিবলগীয়া হৈছিল । কিন্তু হিটলাৰ ইহুদী বিৰোধী আইনৰ প্ৰভাৱত পৰি এনহঁতে দেউতাকৰ অফিচতে লুকাই থাকিব লগীয়া হৈছিল । এনহঁতৰ লগতে ভানডান দম্পতী আৰু পুতেক পিটাৰ আৰু এজন দাঁতৰ ডাক্তৰ ভাছেল, মুঠ আঠজনে সেই গুপ্তগৃহত লুকাই থাকিবলগীয়া হৈছিল । প্ৰায় দুবছৰ দিন ধৰি গৃহবন্দী হৈ থকা যন্ত্ৰণাময় দিনবোৰৰ বৰ্ণনাই হৈছে এন ফ্ৰাঙ্কৰ ডায়েৰীৰ মূল। এন ফ্ৰাঙ্কে ডায়েৰীখনক বান্ধৱী কিট্টী বুলি ভাবি এজনী বান্ধৱীক কোৱাৰ দৰে মনৰ সকলো কথা মুকলি মনেৰে প্ৰকাশ কৰিছিল ।
কিতাপখন পঢ়ি তেৰ বছৰীয়া কনমানি ছোৱালীজনীৰ জীৱনবোধৰ সম্পৰ্কে থকা ধাৰণা তথা জীয়াই থকাৰ হেঁপাহ, এইটোৱে মোৰ মনত বৰকৈ দোলা দি যায় । গুপ্তগৃহত অপ্ৰীতিকৰ, অস্বাভাৱিক প্ৰতিকূল পৰিৱেশতো ,অতন্ত্য সমস্যাৰ মাজতো এনে হাঁহি হাঁহি জীয়াই আছিল। জীৱনক গভীৰ ভাৱে ভালপোৱা, জীৱনৰ প্ৰতি সদৰ্থক দৃষ্টিভংগী থকা ছোৱালীজনীয়ে যেন শিকি পেলাইছিল জীয়াই থকাৰ সকলো কৌশল।
এন ফ্ৰাঙ্কে গুপ্তগৃহৰ কথা, তাৰ পৰিবেশ পৰিস্থিতিৰ কথা অতি মনোৰমকৈ বৰ্ণনা কৰিছিল। গুপ্তগৃহত বাসকৰা প্ৰতিজন লোককে তাই নিখূত বিশ্লেষণ কৰিছিল । আনকি তাই নিজকো নিৰ্মোহ সমালোচনা কৰিছিল । নিজৰ ভুল-ক্ৰটিবোৰ তন্ন তন্নকৈ বিশ্লেষণ কৰিছিল । মই ভাবো পৃথিৱীৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল নিজকে নিৰীহ নিপানীকৈ বুজি পোৱা আৰু ভুলৰ পৰা শিক্ষা লোৱা । যিটো এন ফ্ৰাঙ্কে কৰিছিল। প্ৰেমৰ ক্ষেত্ৰটো এন সাহসী তথা স্পষ্টবাদী আছিল ।
গুপ্তগৃহত সজাত বন্দী পখীৰ নিচিনাকৈ ছটফটাই থাকিও মুকলি হোৱাৰ স্বপ্ন দেখা ছোৱালীজনীয়ে কিন্তু পুলিচৰ হাতত বন্দী হৈ আশ্ৰয় গৃহত অকালতে মৃত্যু বৰণ কৰিব লগা হয় ।
সেয়েহে এন ফ্ৰাঙ্কৰ ডায়েৰীখন পঢ়ি এতিয়া বাৰে বাৰে নিজকে প্ৰশ্ন কৰিছোঁ যুদ্ধই কিবা সমাধান আনেনে ? অথবা শান্তি আনিব পাৰেনে ?
এন ফাঙ্কৰ ডায়েৰীৰ পিছতে মোৰ হৃদয়ত দোলা দি যোৱা অন্যতম কিতাপখনে হল, ফাইভ পইন্ট চামৱান ।কিতাপখনৰ মূল লেখক চেতন ভগত আৰু অসমীয়ালৈ অনুবাদ কৰিছে প্ৰাঞ্জল বৰাই। মই প্ৰাঞ্জল বৰাই অনুবাদ কৰা কিতাপখন পঢ়িছিলোঁ । চেতন ভগত সকলোৱে পৰিচিত এজন ভাৰতীয় উপন্যাসিক, নিৱন্ধকাৰ, বক্তা আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেত আই আই টি দিল্লী আৰু আই আই এম আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰ আছিল। তেখেতৰ প্ৰথম উপন্যাস 'ফাইভ পইন্ট চামৱান 'এ ভাৰতীয় লগতে বিদেশী পাঠকৰ মাজতো বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু কিতাপখনে বেষ্ট ছেলাৰৰ সন্মান লাভ কৰিছিল । বিশেষকৈ যুৱ চামৰ মাজত সাংঘাটিক ভাবে জনপ্ৰিয় চেতন ভগত 'টাইমছ অৱ ইণ্ডিয়া' আৰু 'দৈনিক ভাস্কৰ'ৰো এজন নিয়মীয়া কলম লেখক।
চলচিত্ৰ পৰিচালক ৰাজকুমাৰ হিৰানিয়ে 'ফাইভ পইন্ট চামৱান' ৰ আধাৰত 'থ্ৰী ইডিয়টস' নামেৰে এখন চিনেমা নিৰ্মাণ কৰিছিল, যিখনে বহুতো বঁটা লাভ কৰাৰ লগতে ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী চিনেমা হিচাপে পৰিগণিত হৈছিল । অৱশ্যে চিনেমাখনত মূল কাহিনীটোক কিছু সালসলনি কৰাৰ পৰিলক্ষিত হয় ।
যিয়েই নহওক উপন্যাসখন পঢ়ি এক অনন্য শিঁহৰণ অনুভৱ কৰিছিলোঁ। কাৰণ কিতাপ পঢ়ি কাহিনী ৰসাস্বাদন কৰাৰ কথাই সুকীয়া। মই অনুভৱ কৰিছিলোঁ অনুবাদক প্ৰাঞ্জল বৰাদেবে অতি সাৱলীলভাবে উপন্যাসখন অনুবাদ কৰিছিল । হয়তো মূলৰ মৌলিকতাত তেখেতে অলপো হাত দিয়া নাই। প্ৰধানকৈ আই আই টিৰ ছাত্ৰ হৰি আলোক আৰু ৰিয়ানক লৈয়ে 'ফাইভ পইন্ট চামৱান'ৰ মূল কাহিনী ভাগ আৰম্ভ হৈছিল।
দেশৰ আগশাৰী শিক্ষানুষ্ঠান আই আই টিত আসন পাবলৈ হ'লে মেধাৰ অধিকাৰী হ'বই লাগিব। তেনে মেধাৰ ভিত্তিতে আসন পোৱা এই তিনিজন ছাত্ৰৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল। অৱশ্যে তেওঁলোকৰ চৰিত্ৰগত বৈশিষ্ট্যৰ মিল নাথাকিলেও কিন্তু এটা ক্ষেত্ৰত সাংঘাটিক মিল আছিল, সেইয়া হৈছে তেওঁলোকৰ এভাৰেজ গ্ৰেড পইন্ট সদায় পাঁচৰ ঘৰত আছিল । এই ফাইভ পইন্ট চামৱানৰ ওপৰতেই তেওঁলোকৰ জীৱনৰ প্ৰতিটো কথা নিৰ্ভৰ কৰিছিল আৰু তাৰ ভিত্তিতে উপন্যাসৰ কাহিনীভাগ লেখকে আগবঢ়াই নিয়ে। আই আই টিৰ গ্ৰেডিং ব্যৱস্থাক এই ছাত্ৰকেইজনে কঠোৰ সমালোচনা কৰিছিল আৰু নতুনৰ সৃষ্টি কৰিব নোৱাৰা এক ফাল্টু চিষ্টেম বুলি আখ্যা দিছিল। তেওঁলোকে নিজৰ দৃষ্টিৰে পৃথিৱীখন চাবলৈ, উপভোগ কৰিবলৈ বিচাৰিছিল। ৰিয়ানৰ মতে মুখস্থ কৰি পৰীক্ষাত ভাল ফল দেখুওৱাতকৈ কোনো বিষয়ত ভালকৈ বুজি তাৰ প্ৰয়োগ কৰিব পৰাটোহে মূল কথা। তেওঁলোকৰ মতে জ্ঞান আৰু কৰ্ম নিপুণতাকহে গুৰুত্ব দিব লাগে, সফলতাক নহয়, নিপুণজন এদিন সফল হ'বই । কিন্তু তথাকথিত আই আই টিৰ গ্ৰেডিং ব্যৱস্থাত এই তিনিবন্ধুয়ে কি পৰিস্থিতিত প্ৰশ্ন কাকত চুৰি কৰা দৰে কাৰ্যতো লিপ্ত হ'ব লগীয়া হৈছিল তাৰেই মনোৰম বৰ্ণনা উপন্যাসখনত আছে। উপন্যাসখনত প্ৰফেচাৰ চেৰিয়ান, তেখেতৰ জীয়েক আলোকৰ প্ৰেমিকা নেহাই কাহিনীক অধিক গতিশীল কৰি তুলিছিল। মোৰ উপন্যাসখনৰ আটাইতকৈ ভাল লগা বিষয়টো হ'ল চৰিত্ৰ সমূহৰ সাৱলীল বৰ্ণনা আৰু ভাষাৰ সুপ্ৰয়োগ। আনকি কাহিনীক বাস্তৱিকৰূপ দিবলৈ অশ্লীল (?)শব্দৰ প্ৰয়োগ উপন্যাসখনৰ অন্যতম বৈশিষ্ট্য আছিল । মই ভাবোঁ প্ৰতিযোগিতাৰ দৌৰত নামি শিক্ষানুষ্ঠানৰ পৰা কেৱল এখন শ্ৰেষ্ঠ চাৰ্টিফিকেটক লৈ হেতা- উপৰা কৰা ছাত্ৰ-ছাত্ৰীক নিশ্চয় কিতাপখনে সোঁৱৰাই দিব যে পৰীক্ষাৰ নম্বৰেই এজন মানুহৰ মানবীয় প্ৰমূল্যখিনি জুখিব বাবে যথেষ্ট নহয়।
এখন সফল উপন্যাস অসমীয়ালৈ অনুবাদ কৰি পাঠকক আপ্লুত কৰাৰ বাবে অনুবাদকৰ লগতে বনলতা প্ৰকাশনক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।
ঠিকনা:
নকছাৰি
অঙ্গন: পৃষ্ঠাঃ 9
জীৱনৰ বাবে অলপ উৎসাহ আৰু ভাল পোৱাৰ দৰকাৰ
নমিতা দাস
জীৱনটো হৈছে এখন ৰঙ্গমঞ্চ । তাত আমিবোৰ ভাৱৰীয়া। গতিকে আমি নিজৰ নিজৰ ভাও দি আছোঁ। জীৱনৰ বাটত অনেক ধুমুহা বলিবই আমিবোৰে বিচলিত নহৈ আগুৱাই যাব লাগিব।
সৃষ্টিকৰ্তাই যেতিয়া হাজাৰ হাজাৰ পূণ্যৰ ফলত মানৱ ৰূপে পৃথিৱীলৈ প্ৰেৰণ কৰি এই মানৱ সকলৰ গাত বহুমুখী প্ৰতিভা সম্পন্ন কৰি এই ধৰা লৈ পঠিয়াই দিছে ।গতিকে আমি মানব জাতিয়ে সুন্দৰকৈ চলিবলৈ শিকাটো প্ৰয়োজন। জীৱনটো আগুৱাই নিবলৈ কাৰোবাৰ পৰা যেতিয়া উৎসাহ পাওঁ তেতিয়া জীৱন হৈ পৰে সৌম্য। মানুহৰ প্ৰতিভাবোৰ প্ৰতিফলন কৰিবলৈ এখন মঞ্চৰ প্ৰয়োজন, সেই মঞ্চখনতে উৎসাহিত হৈ নিজে সুবিধা বা সুযোগ লৈ আগুৱাই যাবলৈ প্ৰেৰণা পায় । প্ৰত্যেক গৰাকী লোকেই নিজৰ নিজৰ কিছুমান প্ৰতিভাৰ গৰাকী । সেই প্ৰতিভাবোৰ চিনাক্ত কৰিব নোৱাৰাৰ ফলতেই হওক বা সুযোগ সুবিধা নোপোৱাৰ ফলতেই হওক প্ৰতিভাবোৰ বিকশিত নহয় । আকৌ কিছুমান সময়ত জীৱন জীয়াৰ যুদ্ধখনত লাগি থকাৰ সময়ত কাৰোবাৰ অকণমান উৎসাহে জীৱনৰ পথে সলনি কৰি দিয়ে ।
ভালপোৱাৰ পৰিসৰ অসীম । ভালপোৱাই অপৰিসিম শক্তি প্ৰদান কৰে । ভালপোৱাক কোনো সংকীৰ্ণ গণ্ডিৰ ভিতৰত বন্ধি কৰি ৰাখিব নোৱাৰি । কোনো এটা কাম কৰিবলৈ নিজৰ ইচ্ছাৰ লগতে আনে উৎসাহ দিলে কামটো কৰিবলৈ যেনেকৈ উজু হৈ পৰে , তেনেকৈ অপৰিসীম ভালপোৱাৰ নতুন নতুন চিন্তাৰ সমল গোটাবলৈ প্ৰেৰণা যোগায় । তাতে যদি নিজে কৰি ভাল পোৱা কাম হয় তেতিয়া আপোনা আপুনি কামটোৰ প্ৰতি আগ্ৰহ বাঢ়ে ।দুখ, ভাগৰ পাহৰি হেঁপাহেৰে আগুৱাই গৈ থাকিব পাৰি ।
সেয়ে হয়তো প্ৰত্যেক গৰাকী সৃষ্টিশীল ব্যক্তিৰ অন্তৰালত আন এগৰাকী ব্যক্তি অন্তৰনিহিত হৈ থাকে।
ঠিকনা:-
শুৱালকুছি শান্তিতোল।
অঙ্গন: পৃষ্ঠাঃ 10
দুৰ্গা পূজাত গণিকালয়ৰ মৃত্তিকা
ঝৰ্ণালী শৰ্মা বৰকটকী
গণিকা বৃত্তি অতি প্ৰাচীন বৃত্তি। পৃথিৱীৰ সকলো দেশৰে একাংশ পুৰুষৰ প্ৰয়োজন পূৰণৰ বাবেই এই বৃত্তিৰ সৃষ্টি হৈছে। জন্মতে কোনো শিশু কন্যা গণিকা হৈ নাহে। পৰিবেশ পৰিস্থিতিত পৰিহে এনে বৃত্তি অৱলম্বন কৰিবলৈ বাধ্য হয়। জীৱনত যেতিয়া সকলো হেৰুৱাই একমাত্ৰ নিজৰ জীৱনৰ বাহিৰে একো নাথাকে তেতিয়াই ক্ষুধা নিবাৰণৰ অৰ্থে এই বৃত্তি গ্ৰহণ কৰে। সমগ্ৰ দেশতেই এই বৃত্তিৰ প্ৰচলন থকা দেখিবলৈ পোৱা যায়।
গণিকা বৃত্তি যে বহু যুগৰ পৰা আছে এই বিষয়ে আমি প্ৰাচীন গ্ৰন্থ সমূহ অধ্যয়ন কৰিলেই জানিব পাৰোঁ। প্ৰাচীন গ্ৰন্থ 'ঋগ্বেদত' এই গণিকা শব্দটো হস্ৰা, অগ্ৰ, পুংশ্বলী বুলি থকা দেখিবলৈ পোৱা যায়। অন্যহাতে পলি ভাষাত লিখা 'বিনয় পিটকতʼ এটি শব্দ আছে মুহূৰ্ত্তিয়া (সংস্কৃত শব্দ মুহূৰ্ত্তিকা) অৰ্থাৎ যি সকল ক্ষণকালৰহে সংগী। সেইদৰে 'জাতক'ত পোৱা শব্দ হ'ল ৰূপদাসী, বন্নদাসী, বেশী, গামনী ইত্যাদি। এই প্ৰাচীন গ্ৰন্থ বোৰত প্ৰায় পঞ্চাশটা মান শব্দ গণিকাৰ বিষয়ে পোৱা যায়।
আদিতে এই বৃত্তি ওপৰে ওপৰে ভাল দৃষ্টিৰে চোৱা নাছিল যদিও শাসক গোষ্ঠী বা ধনী পুৰুষ সকলৰ জীৱন ধাৰণৰ এক অপৰিহাৰ্য্য অংগ আছিল। তেতিয়াৰে পৰা বৰ্তমানলৈকে যাত্ৰাকালত গাই-দামুৰী, ষাঁড়গৰু, ঘোঁৰা, পানীৰে পৰিপূৰ্ণ প্ৰাত্ৰ, চাউলৰে পূৰ্ণ প্ৰাত্ৰৰ লগতে গণিকাক দেখিলে শুভ হয় বুলি ভবা হয়। এনেদৰে প্ৰাচীন কালৰে পৰা গণিকা শুভ বস্তুৰ তালিকাত অন্তৰ্ভূক্ত হ'ল। তদুপৰি দূৰ্গা পূজাৰ লগতো এই গণিকা সকল জড়িত হৈ পৰিল।
'মাৰ্কণ্ডেয়' পূৰাণতে প্ৰথম বাৰৰ বাবে মাটিৰ প্ৰতিমা সাজি ৰজা সূৰথ আৰু বৈশ্য সমধিয়ে পূজা কৰাৰ কথা উল্লেখ আছে। প্ৰতিমা নিৰ্মাণৰ বাবে সেই সময়ত গণিকালয়ৰ মাটি ব্যৱহাৰ কৰিছিল। কাৰণ গণিকালয়ৰ মাটি অতি পবিত্ৰ বুলি ভবা হৈছিল।
দুৰ্গা পূজা মুলতঃ শস্য উৎপাদন বৃদ্ধিৰ বাবে বা পৃথিৱীৰ উৰ্বৰতা বৃদ্ধিৰ বাবে কৰা পূজা। এই পূজাত নৱপ্ৰত্ৰিকাৰ ঘট স্থাপন কৰিবৰ বাবে 'সৰ্বতো মণ্ডল' নামে এটা মণ্ডল আঁকিব লাগে।এই মণ্ডলটি নাৰীৰ জননাংগৰ প্ৰতীক। নাৰিকলৰেএটা পূৰ্ণ নৱপ্ৰত্ৰিকাৰ ঘটতো আম, অশোক, বট, আঁহত আৰু ডিমৰু গছৰ পাতেৰে স্থাপন কৰা হয়। এই ঘটক নাৰীৰ গৰ্ভৰ প্ৰতীক বুলি কোৱা হয়। ইয়াৰ উপৰিও পূজাত ধান, কলগছ আৰু ডালিমকে ধৰি ন বিধ উদ্ভিদেৰে পূজা কৰা হয়। প্ৰবাদ আছে এনেদৰে দেৱী পূজা কৰিলে শস্যৰ উৎপাদন বৃদ্ধি হয়।
শস্যৰ উৎপাদন বৃদ্ধিৰ কামনাৰে কৰা দুৰ্গা পূজাত যৌনশক্তিৰ প্ৰতীক হিচাপে গণিকায়ো স্থান লাভ কৰিলে। ক্ৰমান্বয়ে গণিকাৰ গৃহৰ মাটি দুৰ্গাৰ মূৰ্তি নিৰ্মাণত অপৰিহাৰ্য হৈ উঠিল। পৰম্পৰাগত বিশ্বাস অনুসৰি পুৰুষে যেতিয়া গণিকালয়লৈ যায় তেতিয়া সেই পুৰুষজনে জীৱনৰ সঞ্চিত সমষ্ট পূণ্য তাতেই ত্যাগ কৰে। পুৰুষে দলিয়াই থৈ অহা পূণ্যৰে সেই মাটি পবিত্ৰ হৈ উঠে। সেয়েহে এই মাটিৰে দেৱী দুৰ্গাৰ মূৰ্ত্তি নিৰ্মাণ কৰা হয়। এই ৰীতিৰে সকলো নাৰীকে মাতৃ স্বৰুপা বুলি বুজোৱা হয়।
তদুপৰি আগতে উল্লেখ কৰা হৈছে যে গণিকা যাত্ৰা সময়ত দেখিলে শুভ লক্ষণ বুলি ভবা হয়, যদিও গণিকাৰ মাতৃত্ব গৌণ। তথাপিও উৰ্বৰতা শক্তি বহন কৰে বুলি প্ৰাচীন গ্ৰন্থ সমূহত উল্লেখ আছে।
অৱশ্যে এই ৰীতি পশ্চিম বংগৰ দেশতহে প্ৰচলন আছে। অসমত বা অন্য দেশত প্ৰতিমা নিৰ্মাণ কৰোঁতে গণিকালয়ৰ মাটি লোৱা দেখিবলৈ পোৱা নেযায়।
হিন্দী চিনেমা 'দেৱদাস'তো পশ্চিম বংগৰ এই ৰীতিৰ মতেই প্ৰতিমা নিৰ্মাণ কৰা দেখিবলৈ পোৱা যায়। 'দেৱদাস'ত পাৰʼ ৰূপী ঐশ্বৰ্য ৰায়ে গণিকা ছন্দ্ৰমূখী ৰূপী মাধুৰী দিক্ষিতৰ গৃহৰ সন্মূখৰ মাটি আনি প্ৰতিমা নিৰ্মাণত দিয়া দেখুওৱা হৈছে। এই চিনেমাখনৰ যোগেদিও পশ্চিম বংগৰ পৰম্পৰা সকলোৰে আগত দাঙি দেখুৱাবলৈ সক্ষম হৈছে। তদুপৰি বেদত উল্লেখ থকা মতে দেৱীৰ নটা ৰূপক আমি পূজা কৰোঁ। এই ন-ৰূপৰ
ন গৰাকী কন্যা যেনে শুদ্ৰৰ কন্যা, ব্ৰাহ্মণৰ কন্যা, নটীৰ কন্যা, ধোৱাৰ কন্যা, গুৱালৰ কন্যাৰ লগতে গণিকাৰ কন্যা আদিও আছে। এই ন-গৰাকী কন্যাৰ ন-ৰূপক আৰাধনা কৰা মানেই হ'ল সকলো নাৰীকে সমানে সন্মান আৰু দেৱীজ্ঞান কৰিব লাগে। মানুহে সমাজৰ পৰা বঞ্চিত কৰি দূৰলৈ পঠিয়াই দিয়ে, ঘৃণাৰ চকুৰে চায়। সেই সকলৰ ঘৰৰ মাটিকে পবিত্ৰ বুলি মান্য কৰা হয়। আৰু দেৱী মূৰ্তি নিৰ্মাণত অপৰিহাৰ্য বুলি গণ্য কৰা হয়।
ঠিকনা:-
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং -৯১০১৮৬০৩৫৯.
অঙ্গন: পৃষ্ঠাঃ 11
পাহৰণিৰ বুকুত সেই সোণালী সুবাস
দীপ্তি মণি গোস্বামী
বৰ্তমান মোবাইল ইন্টাৰনেটে গ্ৰাহ কৰা সময়বোৰ মাজত প্ৰায় লুপ্তপ্ৰায় তাহানিৰ দিনৰ নিচুকনি গীতবোৰ। কি যে মৌসনা সুৰীয়া সুৱদী আছিল সেই মা-আইতাৰ কণ্ঠবোৰ। কোলাৰ কেঁচুৱাটিয়ে যেতিয়া আমনি কৰে, টোপনিৰ কোলালৈ যাবলৈ বিচাৰে, তেতিয়া মা-আইতাহঁতৰ কণ্ঠৰ পৰা নিগৰা অমিয়া সুৰবোৰ মানস পটত ভাঁহিছে...
আমাৰে মাইনা শুব এ
বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰি যাব
মাইনাই বুটলি খাব।
মনত পৰে মা, আইতাৰ কণ্ঠেৰে নিগৰা সুৰীয়া সেই গীতবোৰ । কেচুৱাটোৰ মূৰত পিঠিত মোহাৰি মোহাৰি মাকে বা আইতাকে গোৱা গীতবোৰ শুনি শুনি কেঁচুৱাটি টোপনিৰ কোলালৈ গৈছিল। আমিও গৈছিলোঁ। আকৌ যেতিয়া কেঁচুৱাৰ টোপনি নধৰে আমনি কৰি থাকে, তেতিয়া গাইছিল....
টোপনি টোপনি টোপনিৰ কল তলত ঘৰ
সকলো মানুহৰ চকুত টোপনি নধৰিবি
আমাৰে মাইনাৰ চকুতে ধৰ।
টোপনি টোপনি টোপনিৰ কল তলত ঘৰ
কাৰ কাৰ চকুত টোপনি ধৰিছে
আমাৰ মাইনাৰ চকুতে ধৰ।
তেতিয়াও যদি কেঁচুৱাটো টোপনিৰ বুকুলৈ নাযায়, আকৌ সুৰ টানে......
টোপনি টোপনি টোপনিৰ কল তলত ঘৰ
সকলো মানুহৰ চকুত টোপনি নধৰিবি
আমাৰ মাইনাৰ চকুতে ধৰ।
এটা সময়ত কেচুঁৱাটি শুই পৰে আৰু মাক বা আইতাকে আজৰি পায় গৃহস্থী জনঞ্জাল চম্ভালিবলৈ।
কেচুঁৱাটিয়ে আমনি কৰিলে গাইছিল......
শিয়ালীয়ে নাহিবি ৰাতি
তোৰে কাণে কাটি
লগাই দিম বাটি
শিয়ালীৰ মূৰৰে মৌৰা ফুল
শিয়ালী পালেগৈ ৰতনপুৰ।
তেনে গীতবোৰ শুনি শুনি কেচঁৱাটি নিচুক খাইছিল, আমিও খাইছিলোঁ।
মনত আছে....
যেতিয়া বহুদিন ধৰি ৰ'দ নিদি বৰষুণ দিছিল, তেতিয়া আমাকো গাবলৈ শিকাইছিল..
ৰ'দালিয়ে ৰ'দ দে ৰ'দ দে
আলি কাটি জালি দিম
বৰ পীৰা পাৰি দিম
তাতে বহি বহি ৰ'দ দে।
বেয়া লাগে কেতিয়াবা, আজি কালি যে সেই নিবিড়তাবোৰ পাহৰণিৰ গৰ্ভত! তাৰ ঠাইত মোবাইলত গান এটা বজাই দি কেচঁৱাটি শুৱাবলৈ যত্ন কৰা দেখা পালে। তেনে কৰিবলৈ যাওঁতে সন্তান বা নাতিটোৰ বহুতো অপকাৰ হয়, মূৰৰ ওচৰত মোবাইলটো থৈ দিলে, তাৰপৰা নিৰ্গত হোৱা কিছু শক্তি য়ে সন্তানটিৰ মগজুৰ বহু ক্ষতি কৰে। সেয়ে আজি কালি হয়তো সৰু সৰু ল'ৰা-ছোৱালীৰ মাজত মূৰৰ বিষৰ দৰে বেমাৰৰ উপদ্ৰৱ বেছি !
সময় পৰিৱৰ্তনশীল, সময়ৰ পৰিবৰ্তনৰ লগে লগে আমাৰ অভ্যাস আৰু ৰুচি-অভিৰুচিৰো পৰিবৰ্তন হোৱাটো স্বাভাৱিক। কিন্তু সেই পৰিৱৰ্তন যাতে ভৱিষ্যতৰ বাবে শাস্তি যুৱক নহয় তাৰ প্ৰতি আমি সজাগ হোৱা ভাল। গতিকে যদিও পাহৰণিৰ গহ্বৰত আমি আমাৰ অতীতৰ বহু কথা পাহৰিছো তথাপিও আহকচোন আমি ভৱিষ্যতৰ বাবে অলপ হ'লেও সজাগ হওঁ।
অঙ্গন: পৃষ্ঠাঃ 12
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
ৰূপা গগৈ
খণ্ড ২৩
ঘটনাৰ পাছদিনা আকৌ এটা ঘটনাৰ সন্মুখীন হ'লো । সিদিনা ক্লাছ মোৰ এঘাৰ বজাত আছিল বাবে মই দেৰিকৈ কলেজলৈ গৈছিলোঁ । ৰীমা নিশাহঁতৰ ক্লাছ আগতে আছিল বাবে সিহঁত দুজনী আগতেই আহিল । কলেজৰ মূল গেটেৰে সোমাই ফিল্ডৰ মাজেৰে গৈ দ্বিতীয়খন গেটেৰে কলেজৰ চাৰিসীমাত প্ৰবেশ কৰিব লাগে । মই প্ৰথমখন গেট পাৰ হৈ দ্বিতীয় গেটৰ ওচৰ পাওঁতেই কলেজৰ জেনেৰেল চেক্ৰেটৰীসহ আৰু কেইজনমানে গেট বন্ধ কৰি মোক আগচি ধৰিলে । মই সেই কাণ্ড দেখি আচৰিত হ'লো । গেটখন বন্ধ কৰি দিয়াৰ বাবে মই ৰৈ দিলো। ইফালে-সিফালে চাই কাকো দেখা নাপালোঁ । মই তেওঁলোকক সুধিলো কিয় কৰিছে এনেকুৱা ? তেতিয়া তেওঁলোকৰ মাজৰ এজনে মোলৈ এখন জাননী আগবঢ়াই দিলে । মই ল'ব বিচৰা নাছিলো কাগজখন । কি আছে ? কিহৰ কাগজ এইখন ? তেতিয়া জেনেৰেল চেক্ৰেটৰীয়ে ক'লে"---তোমাক কলেজৰ পৰা দুমাহৰ বাবে বহিষ্কাৰ কৰা হৈছে । তুমি কলেজত প্ৰবেশ কৰিব নোৱাৰিবা । সেয়ে তোমাক সোমাবলৈ দিয়া নহ'ব।
কিয় বুলি কৈ মই কাগজখন হাতত লৈ পঢ়ি চালো । তাত লিখা আছিল এগৰাকী সহপাঠীক ৰাজহুৱাকৈ অপমান কৰাৰ বাবে এই বিহিত ব্যৱস্থা লোৱা হৈছে । জাননীখনৰ তলত চালো তাত সাধাৰণ সম্পাদক আৰু কলেজৰ প্ৰধান অধ্যক্ষৰ চহী আছে । মোৰ মূৰটো গৰম হৈ আহিল । অলপ মনত দুখো লাগিছিল । এইয়া কেনেকৈ কি বিচাৰ ! মিছা অভিযোগৰ ভিত্তিত মোক এই শাস্তি প্ৰদান কৰিলে । এইয়া অন্যায় বিচাৰ । এই বিচাৰত মোকো মাতিব লাগিছিল । কি হৈছিল প্ৰকৃততে সুধিবলৈ । কিন্তু মোৰ অনুপস্থিতিত মোৰ অগোচৰে কেনে ধৰণৰ বিচাৰ এইয়া । এইয়া মোক কলেজৰ পৰা আঁতৰোৱাৰ প্লেনিং কৰি সোণালীয়ে সকলোৰে লগত চাল খেলিছে ।
মই তেওঁলোকক ক'লো'---এইয়া মোৰ লগত অন্যায় কৰিছে আপোনালোকে । কেনেকৈ বিচাৰ কৰিলে একো সভা আয়োজন নকৰাকৈ । নে ধনী ঘৰৰ ছোৱালীয়ে কিবা সঁচাই -মিছাই অভিযোগ দিলেই বিচাৰ নকৰাকৈ চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে ।
মোক গেটৰ সন্মুখত এনেকৈ আগুচি থকা দেখি এজন দুজনকৈ বহুতো ছাত্ৰ-ছাত্ৰী গোট খালেহি । কোনেও গম পোৱা নাছিল যে মোৰ ওপৰত এনে বিচাৰ কৰি জাননী দিয়া বুলি । কি হৈছে ; কি হ'ল সকলোৰে নানান প্ৰশ্ন । মই কাকো একো কোৱা নাছিলো । তেওঁলোকলৈ কাগজখন আগবঢ়াই দিছিলো । পাছত সকলোৱে কথাটো গম পাই হুলস্থুল লগাই দিলে । এইয়া কেনেকৈ হ'ব । এইটো হ'বই নোৱাৰে । কাৰ মাজত আলোচনা কৰি এনে সিদ্ধান্ত গ্ৰহণ কৰিলে । বিনা সভাত বিনা বিচাৰে এইয়া কেনেকৈ সম্ভৱ হ'ব পাৰে । ইয়াৰ উচিত বিচাৰ হ'ব লাগে । কালি ঘটনাটো দেখা-জনা সকলে গৰজি উঠিল যি প্ৰথমে ভুল কৰিছে তেওঁৱেই আকৌ ওলটাই অভিযোগ দিছে আৰু যি ভুল কৰা নাই বিনা দোষত অপৰাধী সজাই শাস্তি দিব । ইয়াৰ উচিত বিচাৰ হ'ব লাগে । ৰীমা-নিশাহঁত আৰু অংকুৰ , পৰাগহঁতে এইবোৰ কথা একোৱেইগম পোৱা নাছিল । সিহঁত ক্লাছত আছিল । বাহিৰত যেতিয়া বেছি হুলস্থূল হ'ল ক্লাছৰ ভিতৰৰ সকলো ওলাই আহিল । একো বুজি নাপায় গেটৰ ওচৰ পাই কথাটো গম পালে । তাই চিঞৰি উঠিল এইটো কেনেকৈ হ'ব পাৰে ! কেতিয়াও আমি মানি নলওঁ । ইয়াৰ উচিত বিচাৰ কৰক । নিশাই দৌৰি গৈ ৰীমা , অংকুৰ , পৰাগহঁতক ক'লেগৈ । পৰাগহঁত দৌৰি আহিল । গেটৰ বাহিৰত মই আৰু জেনেৰেল চেক্ৰেটৰীসহ আৰু দুজনমান । বাকী সকলো গেটৰ ভিতৰত ।
পৰাগে আহি ক'লে"--- কি হৈছে এইবোৰ ? গেট কিয় বন্ধ ? কিয় ৰূপাক সোমাব দিয়া নাই ? পৰাগে খঙেৰে ক'লে "--- গেট খুলা নহ'লে গেট ভাঙি দিয়া হ'ব । ইয়াৰ উচিত বিচাৰ হ'বই লাগিব তাৰ পাছত দেখা যাবা কি হয় ! পৰাগ , অংকুৰ , সমীৰ আৰু কেইবাজনো অফিচলৈ সোমাই গ'ল ।
মই গেটৰ বাহিৰত ৰৈ আছোঁ । নিশাক ওচৰলৈ মাতি ক'লো "--- প্ৰধান অধ্যক্ষক উচিত বিচাৰ কৰিবলৈ দৰ্খাস্ত এখন দিবলৈ।
দেখা পালো হাঁহি হাঁহি সোণালী গেটৰ ফালে আগবাঢ়ি আহি গেটৰ সিপাৰৰ পৰা আঙুলি টোৱাই ক'লে"--- চাই ল'ম তোক ! কেনেকৈ কলেজলৈ আহিব পাৰ । "
মই খঙেৰে ক'লো"---আঙুলি ভাঙিবলৈ বেছি পৰ নালাগে। মোলৈ এটা আঙুলি টোৱাওঁতে নিজৰ গাৰ ফালে চাৰিটা আঙুলি মূৰ কৰি আছে কথাটো লক্ষ্য কৰিলে ভাল । মিছা মাতি ৰণ জিকা জনতকৈ সঁচা মাতি ৰণ হাৰি যোৱাজন বহুগুণে শক্তিশালী ।" তোৰ সিম্মত আছে যদি সঁচা কথা কৈ মোক কলেজৰ পৰা বহিষ্কাৰ কৰি দেখুওৱা তেতিয়া মই এই কলেজৰ পৰা একেবাৰে গুচি যাম ।
অলপ পাছত পৰাগহঁত অফিচ ৰূমৰ পৰা ওলাই আহি ক'লে"---দুমাহ কি দু-ঘণ্টাৰ বাবেও ৰূপাক বহিষ্কাৰ কোনেও কৰিব নোৱাৰে । চাওঁ কাৰ সাহস আছে মোক বাধা দিবলৈ বুলি কৈ পৰাগে গেট খুলি আহাঁ বুলি মোক হাতত ধৰি লৈ গ'ল । অফিচৰৰ ভিতৰৰ পৰা ছাৰ-বাইদেউহঁত ওলাই আহি ক'লে"--- তোমালোকে আজি একো হুলস্থূল নকৰিবা । ৰূপা ক্লাছলৈ যোৱা । কাইলৈ ইয়াৰ উচিত বিচাৰ হ'ব ।
ক্ৰমশঃ
অঙ্গন: পৃষ্ঠাঃ 13
অণুগল্পঃ
অত্যাচাৰ
অঞ্জনা দেৱী
" উসঃ ইমানকৈ আঘাত নকৰিবিচোন বোপাইহঁত। হাত-ভৰি বোৰ ভাঙি শেষ হ'ব এতিয়া। গাটো ৰেহাই দে আৰু।
কিজানিবা আকৌ পোনাব পাৰোঁয়েই।"
"অ' দেউতা, সিহঁতৰ ওপৰত ইমান অত্যাচাৰ চলিছে চোৱা... সিহঁত মৰিলে দেখোন আমাৰো জীয়াই থকাটো দুৰ্বিসহ হৈ পৰিব।"
অকণমানিটোৰ কথাত দেউতাকে ডাঙৰকৈ চকুহাল মেলি কেৱল ভাবিলে...
"বাঃ ,ইমান পৰিপক্ক চিন্তাধাৰা!
এৰা অক্সিজেন কণেই আমাৰ প্ৰাণৰ সুধা।
কিন্তু জীৱ শ্রেষ্ঠই স্বাৰ্থৰ পথাৰখনহে সুচল কৰিছে।"
যোৰহাট
অঙ্গন: পৃষ্ঠাঃ 14
ট্ৰেফিক পুলিচ
মনোৰমা
গাড়ীখন জোৰেৰে গৈ আছে । মাকে ল'ৰাক সুধিলে "মাজে মাজে গাড়ীৰ গতিবেগ (speed ) কিয় কমাই দিয়া । নহয় মা । ইয়াত একে গতিবেগত যাবলৈ নোৱাৰি । ৰাস্তাৰ চাইডত লিখা থাকে ক'ত কিমান speed ত যাব পাৰি । এহ হয় নেকি । কোনো ঠাইত প্ৰতি ঘণ্টাত ৬০ মাইল, কোনো ঠাইত আকৌ ঘণ্টাত ৪০/৩০/২৫/২০ মাইল যাব পাৰি ।"
: ইয়াত দেখোন এটাও পুলিচ ৰাস্তাত দেখা নাই ।
: পুলিচ নাথাকে । অটমেটিক লাইটে যাত্ৰীক কনট্ৰোল কৰে । পুলিচ দুই তিনজন ৰাস্তাৰ কাষৰ গছৰ তলত লুকাই থাকে । কোনো ড্ৰাইভাৰে ট্ৰেফিক ৰুল ভঙ্গ কৰিলে হুইচেল মাৰি ৰখাই দি অন লাইন ফাইন কাটি ড্ৰাইভিং লাইচেঞ্চ লৈ গৈ ডুপ্লিকেট এখন উলিয়াই দিয়ে । পুলিচৰ লগত লেপটপ থাকে । আপত্তি দৰ্শালে কেচটো কোৰ্টলৈ ৰেফাৰ কৰি দিয়ে । এবাৰ এটা কাহিনী কওঁ, শুনক, মোৰ লগৰ বন্ধু এজনে তাৰ বন্ধু এজন ইণ্ডিয়াৰ পৰা ইয়ালৈ হায়াৰ ষ্টাডিৰ বাবে আহিব বাবে তাক এয়াৰ পোৰ্টত ৰিচিভ কৰিব লাগে সি ওলাওঁতে অকনমান পলম হোৱা বাবে সি খুব speedত গাড়ী চলাই ট্ৰেফিক ৰুল ভঙ্গ কৰিছিল । যাৰ বাবে পুলিচে হুইচেল মাৰি ৰখাব নোৱাৰি অৱশেষত ৰাস্তাৰ ওপৰত হেলিকপ্টাৰ নমায় দি তাৰ ড্ৰাইভিং লাইচেঞ্চ কাটি দি বহুত ডলাৰ ফাইন লগাই কেচটো কোৰ্টলৈ ৰেফাৰ কৰিলে । ইপিনে তাৰ বন্ধুজনক তাৰ ঘৰৰ ঠিকনা দি থৈছিল বাবে বন্ধুৱে টেস্কি লৈ তাৰ ঘৰ আহি পালে । ময়ো তাৰ খবৰ ল'বলৈ গৈছিলোঁ ।গতিকে ভাবি চাওক ইয়াত গাড়ী কিমান সাৱধানে চলাব লাগে ।
: হয় দেই বৰ কঠিন ইয়াত ।
ঠিকনা:-
নৰ্থকেৰোলিনা
আমেৰিকা
অঙ্গন: পৃষ্ঠাঃ 15
কৌশল
ইন্দুপ্ৰভা দত্ত অধিকাৰী
কাষৰ ছিটটোত বহি থকা মানুহজনে মহিলা গৰাকীৰ লগত চা-চিনাকি হৈ কিছু ভাৱ বিনিময় কৰিলে । তেওঁ মহিলা গৰাকীক ক'লে "আপোনাক কিন্তু ষাঠি বছৰীয়া যেন নালাগে।"
ঘপহকৈ মহিলা গৰাকীয়ে ক'লে... সময়ে সময়ে সুবিধাকণ ল'বলৈ নিজকে ষাঠিৰোৰ্দ্ধৰ সজাবলৈ বাধ্য হওঁ।
মানুহজনে ভাবিলে 'বেচ প্ৰত্যুৎপন্নমতি মহিলা।'
ঠিকনা:-
বৰপেটা
অঙ্গন: পৃষ্ঠাঃ 16
শান্তি
গীতামণি কলিতা
" দেউতা, মই চাকৰি পালোঁ এতিয়া তুমি আৰু আনৰ ঘৰত বাতৰি বিলোৱা কামটো এৰি দিয়া। ঘৰতে আৰাম কৰা। "
"বোপাই, অ' মই বাতৰি বিলোৱা বৃত্তিটো নকৰিলেও ভালকৈ খাব বা থাকিব পাৰিম বুলি জানোঁ। তথাপি, সাম্প্রতিক সময়ত বাতৰি কিনি পঢ়া মানুহো যে আমাৰ সমাজত আছে, তাকে দেখি ভালপাওঁ বাবেই মই এই কামটো কৰোঁ। আৰু জীয়াই থকা দিনকেইটা মই এই বৃত্তিৰ লগত জড়িত হৈ থাকিহে শান্তি পাম,আনৰ 'চত' হৈ থাকি শান্তি নাপাওঁ ' অ'। "
ঠিকনা:-
যোৰহাট
ভাতেমৰা পথ
অঙ্গন: পৃষ্ঠাঃ 17
এক মিনিটৰ গল্প ঃ
হামিদ কাৰ চিলাই মেচিন
পলাশ শৰ্মা
চিলাই মেচিনটোৰ বেজীটোত সুতাডাল ভৰাবলৈ চেষ্টা কৰি থাকিয়েই হামিদ কাই ক'লে : বোপাই অ'! বুঢ়া হ'লো নহয়। চকুৰে কিবা ধোঁৱা ধোঁৱা দেখা হ'লো অ' !
: চাওঁ মোক দিয়া।
সুতাডাল হাতত লৈ বেজীটোত ভৰাই দিয়াত হামিদ কাই বৰ সকাহ পোৱাৰ দৰে মোক ক'লে
: দে এতিয়া বেগটো উলিয়াই। ন-বোৱাৰীৰ বেগত চেইনডাল নলগোৱাকৈ তোক মই ঘুৰাই পঠিয়াম বুলি ভাবিছিলি ?
হামিদ কাৰ মনত মা কোনোদিনেই পুৰণি নহ'ল। আমি জনা বুজা হোৱাৰ দিনৰ পৰাই হামিদ কাই মাক ন-বোৱাৰী বুলিয়েই মাতি অহা শুনিছোঁ। পলিথিনৰ বেগটোৰ পৰা মা স্কুললৈ যাওঁতে লৈ যোৱা বেগটো উলিয়াই হামিদ কাৰ ফালে আগুৱাই দি ক'লো।
: পাৰিবা নে কাকা ?
: পাৰিব লাগিব অ' বোপা! তোৰ মাৰৰ বিয়াত উপহাৰ হিচাপে পোৱা এই মেচিনটো মাৰে মোক দিছিল, মৰম আৰু শ্ৰদ্ধাৰ চিনস্বৰূপে। এই মেচিনটোৰ উপাৰ্জনেৰে আজি অত' বছৰে মোৰ ঘৰখন চলিল। ল'ৰা-ছোৱালী হালক মানুহ কৰিলোঁ। আজিকালি মোৰ ওচৰলৈ কাপোৰ চিলাবলৈ কোনো নাহে। চহৰৰ ডাঙৰ ডাঙৰ দৰ্জীৰ ওচৰলৈ যায়। আমিবোৰ এতিয়া অচল মুদ্ৰা। ল'ৰাটোৱে সদায় মানা কৰে। তথাপিও চোন মেচিনটোৰ মোহ মই এৰিব পৰা নাই। মচি মেলি তেল-টুল দি কেনে চিকচিকিয়া কৰি ৰাখিছোঁ দেখিছ' ?
: এৰা! কাৰোবাৰ প্ৰতি থকা মৰমৰ উপহাৰটো যদি আন এজনৰ জীৱন সংগ্ৰামখনৰ চালিকা শক্তি হৈ পৰে, কিমান মহত্ব থাকে সেই উপহাৰত! কথাষাৰ ভাবি মা-লৈ শ্ৰদ্ধাত আকৌ এবাৰ মুৰটো দোঁ খাই গ'ল।
ভ্ৰাম্যভাষ _ ৭৬৬২৮০২২১০
অঙ্গন: পৃষ্ঠাঃ 18
অনুবাদ কবিতাঃ
স্বাগতম
মূলঃ মহাদেৱী বাৰ্মা
অনুবাদঃ প্ৰাণ কৃষ্ণ গোস্বামী
তুমি আহিছা, আহাঁ,
দুৱাৰ খোলা আছে
কিন্তু, খন্তেক ৰ’বা।
দুৱাৰ-ডলিৰ পা-পোছত
তোমাৰ অহংকাৰ মচি আহাঁ।
কাষৰ বেৰত বগোৱা
মধুমালতীৰ সুবাসত
ক্ৰোধ বিসৰ্জন দি আহাঁ।
চোতালৰ তুলসীৰ স্পৰ্শত
মন পৱিত্ৰ কৰি লোৱাঁ
সমস্ত ব্যস্ততা বাহিৰৰ
খুটাতে ওলোমাই আহাঁ।
পাদুকাৰ লগতে খুলি থোৱাঁ
মনৰ সমস্ত কালিমা
পদূলিত খেলি থকা শিশুৰ
অলপ নিষ্পাপ খুজি আনা।
আগচালিৰ গোলাপজুপি
হাঁহিৰে উপচি আছে
অলপ ছিঙি, মুখত সানি আহাঁ।
আহাঁ, তোমাৰ দুশ্চিন্তা-দুৰ্ভাৱনা
গতাই দিয়া মোক, শান্তিৰ বিচনীৰে
তোমাৰ ক্লান্তি কৰোঁ দূৰ।
চোৱাঁ, মই সন্ধিয়াৰ চাদৰ মেলিছোঁ
দিগন্তত বন্ধা আছে ৰান্ধনী-বেলি
হেঙুলীয়া কিৰণেৰে আকাশ ভৰিছে।
প্ৰেম-বিশ্বাসৰ উষ্ণতাত
চাহৰ পাত্ৰ থাপিছোঁ
এঘোট দোঘোটকৈ খাবা,
শুনা, ইমান কঠিনো নহয়
শুখ-শান্তিৰে জীৱন কটোৱা।
অঙ্গন: পৃষ্ঠাঃ 19
কবিতাঃ
সৰি পৰিল পাতখিলা
ৰীতা বৰুৱা
সৰা পাতে পাতে ফাগুন নামিছিলহে
বতাহে কাণে কাণে
জীৱন জীয়াৰ গান গাইছিলহে
গানৰ আকাশৰ উজ্জ্বল তৰাটি হৈ
জল্মলাইছিলহে
কুৰুকি কুৰুকি সোমাই গৈছিলহে
হৃদয়বোৰলৈ গানৰ বাটেৰে
সৰি পৰিল পাতখিলা !
নুফুলাকৈয়ে মৰহি গ'ল
কত গানৰ সপোন
নোগোৱাকৈয়ে নোহোৱা হ'ল
কত সপোনৰ গান
আদ্-খনীয়া হ'ল গানৰ
এটুকুৰা সমুজ্জ্বল আকাশ
মানি ল'ব নোৱৰাকৈ
সহিব নোৱৰাকৈ
সৰি পৰিল পাতখিলা !
এতিয়া
নৈখনৰ দুয়োপাৰজুৰি
ক'লীয়া ডাৱৰৰ আহ্-যাহ্ !
অঙ্গন: পৃষ্ঠাঃ 20
সমুদ্র-মন্থনৰ শেষত
ৰুদ্ৰ সিংহ মটক
জীৱনৰ অৰ্থহীনতাৰ বিৰুদ্ধে তপ্ত তেজৰ
চমকিত বিজুলী অনন্ত প্রশ্ন মোৰ অনন্ত কালৰ
যুদ্ধ
স্বপ্নৰ ভেল্কীবাজিৰ স'তে অনন্ত দিন অন্তহীন
ৰাতিৰ নিদ্ৰাহীনতাৰ নিষ্ফল হতাহতি
যেন হঠাতে স্তব্ধ হৈ গ'ল সময় ঘড়ীৰ পিতলৰ ঘণ্টা
পথহীন আলোহীন ব্ৰহ্মাণ্ডৰ অন্তহীন অন্ধকাৰৰ
কোনো এক
অচিন
খাদত
কি আচৰিত, একো নাছিল সমুদ্র নামৰ সেই সমুদ্রত--
তৃষ্ণাৰ জল, নীলা ঢৌৰ আৱাহন নৈঋতমুখী ধুমুহা আৰু
কুঁৱলীৰ আস্ফালন
এনেকি শামুকৰ খোলাবোৰতো নাছিল শায়িত
গম্বুজৰ দৰে শাৰী শাৰী প্ৰাচীন হিমবাহ
কি পালো শব্দৰ হুমুনিয়াহ সমুদ্র মন্থনৰ শেষত--
গন্ধকৰ পাহাৰ আৰু স্তুপীকৃত ৰাশি ৰাশি সৈন্ধৱ
লৱণ ?
গন্ধকবোৰ ৰঙা আবেগৰ চিতাজুইত জ্বলি জ্বলি
ছাই হ'ল ধোঁৱা হ'ল খহি পৰা স্বৰ্গৰ
আৰু চকুপানীৰ সিন্ধুৰ সেই সৈন্ধৱ লৱণ--তাতে
ডুবাই থৈছো মোৰ হাজাৰ বছৰৰ পিপাসাৰ্ত হৃদয়
পালে পাবা মোৰ কবিতাৰ জ্ঞানবৃক্ষৰ ডালত--
ওলমি থকা ধুনীয়া কিছু নিষিদ্ধ ফল, যাৰ স্বাদ
চিৰ তিতা,
মৃত্যুময় এন্ধাৰৰ
হেঁপাহৰ বৰবিহ
অঙ্গন: পৃষ্ঠাঃ 21
আৰু কবিতা অসম্ভৱ
কিশোৰ মনজিৎ বৰা
কিশোৰে আৰু কবিতা নিলিখে
অতদিনে
যি লিখিলে
সেয়াও সি লিখা নাছিল
তাৰ পৃথিৱী ইতিমধ্যে শেষ হৈ গৈছে
তাৰ উত্তৰাধিকাৰীও
তাতেই শেষ
ভোকৰ অনুবাদ কৰি কৰি
সি নিজেই এটা ভোক
হৈ
ৰৈ গ'ল
তাৰ ঠিকনাত আৰু
কোনোদিনে নাহে
কবিতাৰ কিতাপ-আলোচনী
তাক আৰু কবিতা লিখিবলৈ নক'বা
তাৰ আত্মাত
আৰু
জীয়া তেজ নাই
তথাপি সি ভাবে
তাৰ পৃথিৱী শেষ হৈহে গৈছে
নিঃশেষ হোৱা নাই
অঙ্গন: পৃষ্ঠাঃ 22
তেওঁৰ ঠিকনা
জিতেন নৰহ
১/
তেওঁৰ ঠিকনা
ব্ৰহ্ম শব্দই ঢৌছিৰা আকাশ।
কৃষ্ণ গহ্বৰৰ অতল তলিত
মোৰ নিবাস।
২/
তেওঁৰ অন্তিম ইচ্ছা শুনিলোঁ,
আৰু ফাঁচি দিলোঁ।
তেওঁ কিন্তু জীয়াই আছে
মোতকৈয়ো মহা সুখত !!
৩/
তেওঁ লালুকীৰ পৰা ভেকুলী হ'ল
নে পলুৰ পৰা লেটা ?
ৰূপান্তৰৰ কোনো সূত্ৰ মই নাজানো।
মোৰ হৃদয় হৰিৎ প্রান্তৰৰ
তেওঁ চিৰযৌৱনা পূৰ্ণাংগ প্ৰজাপতি।
৪/
তেওঁ স্বপ্নচাৰিণী ।
বিনিময় বিহীন স্বপ্নাৱেশ।
মই স্বপ্নাতুৰ
প্ৰেমিক পৰিব্ৰাজক।
অঙ্গন: পৃষ্ঠাঃ 23
খুটা লৰা ঘৰৰ ধৰণি ধৰে কোনে
ৰাজেন বৰা
বতাহ পশ্চিমৰ পৰা পূবলৈ বলাটোৱেই স্বাভাৱিক প্ৰাকৃতিক বিধিব্ৰত কথা
প্ৰকাণ্ড বলটো যিহেতুকে ঘুৰি থাকে একেই দিশতে
বানপানী দেখিছা?
তৎকালীন সহযোগী বতাহৰ দিশ লক্ষ্য কৰিছা?
সেয়ে ঘৰটো সাজোঁতে পিতায়ে সদায়ে কৈছিল
পশ্চিমৰ খুটাটোৰ পোতন আৰু গছৰ গঠন চাবলৈ
চাৰি খুটাইতো ধৰণি ঘৰৰ
পিছ ফালৰ পৰা পশ্চিমৰ খুটাটোকে বতাহে সততে প্ৰথমে ঠেলে
এতিয়া পিচে যতে ততে অচিন কাঠৰ থোৰা
অকাঠী কাঠ, অবাদী মাটি
অদেখা অঘৰী বতাহ
জয়ঘণ্টা লৰা থৰকবৰক ঘৰ
সেয়াই হোৱাটো স্বাভাবিক
চতুৰ্থ স্তম্ভটো যেতিয়া সোপাঢিলা হয়...
অঙ্গন: পৃষ্ঠাঃ 24
স্বাধীনতা
ৰুমী চাংমাই বৰুৱা
স্বাধীনতাৰ সপোন আৰু মই নেদেখোঁ
নক'বা আৰু মোক স্বাধীনতাৰ কথা
কেতিয়াবা কেতিয়াবা খেপিয়াই চাওঁ
মোৰ ভৰিৰ তলৰ মাটিকণ
ওঁঠযোৰ চুই চাওঁ
কেনেকৈ লিপিত খাই আছে
কওঁ বুলি ক'ব নোৱাৰা কথাবোৰ,
ক'ত হেৰাল মোৰ স্বাধীনতা,,,,
দুচকু মুদি মই কৈছোঁ
একো দেখা নাই একো শুনা নাই
যদিওবা দেখি আছোঁ সকলো
যদিওবা শুনি আছোঁ সকলো
মোৰ ঘৰখনেই চোন অচিনাকী হৈ পৰে বহু সময়ত
ঘৰৰ ভিতৰতে নিৰাপত্তাহীন হৈ
পাৰ হয় আশংকাত দিন-ৰাতি
স্বাৰ্থপৰতাৰ বলী হৈ
হেৰুৱাব লাগে যদি জীৱন,
স্বাধীনতা ক'ত হেৰাল ?
আইৰ আঁচলত তেজৰ দাগ
পিতাইৰ বুকুত বজ্ৰাঘাত
ঘৰৰ ভিতৰতে সুৰক্ষিত নহয়
ফুলকুমলীয়া শিশু, নাৰী,,,
মোৰ ঘৰখন, মোৰ গাঁওখন
মোৰ চহৰ নগৰ ক'তোৱেই যদি নাই
মোৰ উশাহকণ ল'বলৈ
নিশ্বাসকণ এৰিবলৈ নিৰাপত্তাৰ বেষ্টনী,
মোৰ স্বাধীনতা ক'ত???
মই নেদেখোঁ আৰু স্বাধীনতাৰ সপোন
পিতাইৰ বুকুৰ ধপধপনি
আইৰ অশান্ত উচপিচনি
আঁচলত বান্ধি ৰখা শংকাই
বাৰুকৈয়ে শিকাই স্বাধীনতাৰ পাঠ,,,
কোনে কাঢ়ি খাই সন্মুখৰ ভাত
কোনে কাঢ়ি নিব খোজে মুখৰ মাত
অলিয়ে গলিয়ে পদে প্ৰান্তে
আৰ্ত চিৎকাৰ জীয়ৰী বোৱাৰীৰ
অন্ধকাৰ কুঠৰীত ৰাক্ষসৰ অট্টহাস্য
বিবেক পৰাভূত!
সন্ধ্যাবোৰ চোন জোনাকীবোৰৰ বাবে
হৈ পৰে বিবৰ্ণ অভিশাপ
পদূলিত, মোৰ চোতালত
কিলবিলাই ফুৰে যেন বিষাক্ত কীট
বিধ্বংসী সুহুৰি
মোৰ সোঁৱে-বাঁৱে আগে-পিছে
মাথোঁ অনিশ্চয়তা আৰু আশংকাৰ ফুচফুচনি
হেৰুওৱা আৰু ঘূৰাই নোপোৱাৰ যন্ত্ৰণা
মৃত্যু বিভীষিকাই নাচে চালি ধৰি,,,
স্বাধীনতাই কি কয় একো নুবুজিলোঁ!
(ঠিকনা---নাজিৰা,শিৱসাগৰ)
অঙ্গন: পৃষ্ঠাঃ 25
স্বাধীনতা নামৰ তাঁতখন
ৰাতুল চেতিয়া ফুকন
তাঁতখন কেতিয়াবাই লগালোঁ
আঁচুৰ অভাৱত মাথোঁ
ফুল তোলা আধা হৈ ৰ'ল।
কত শিপিনী আহিল আৰু গ'ল।
তাঁতখন তাঁত হৈয়ে ৰ'ল ।
এতিয়া
জৰিচিগা নাচনীৰ স্থবিৰ নাচোনত
সচেতন ঘৰৰ মানুহ ।
ভাবিছিলোঁ
একেখন কাপোৰতে
তুলিম সকলো ফুল য'ত মুদ্ৰা,
মনিপুৰি, কথকলি, ভাৰতনাট্যম
আৰু চৈধ্যটা চানেকিৰ বুটা বচা ফুল ,
আৰু য'ত কাপোৰৰ ভাঁজে ভাঁজে
লুইত, কাবেৰী, সিন্ধু, গঙ্গাৰ
ঢৌ বোৰ উমলি থাকিব ।
হিমালয়ৰ শিখৰত
সাগৰৰ গভীৰত
থৰমৰুৰ নিথৰ ৰ'দত
মৌচিনৰাম চেৰাপুঞ্জীৰ জাক জাক বৰষুণত
সকলোতে সকলোৱে ল'ব মোৰ
মানস বস্ত্ৰ,
সেয়ে হ'ব মৈত্ৰীৰ অস্ত্ৰ ।
হে' জনতা
দিয়া আৰ্শীষ দিয়া
মোৰ তাঁতৰ প্ৰতিডাল সূতাই
একোজন ব্যক্তি হওক
একোটা জাতি হওক
একোটা ধৰ্ম হওক ।
মোৰ ৰাঁচৰ প্ৰতি তাৰেই
সম্প্ৰীতিৰ গীত হওক
গৰকাৰ তানত নাচি উঠা নাচনীৰ
প্ৰতি লহৰতে ফুটি উঠক
নৃত্যৰ যত মুদ্ৰা ।
মোৰ তাঁত হওক মৈত্ৰীৰ
মোৰ তাঁত হওক সংহতিৰ
তাঁত হওক
সম্বনয়ৰ আঁচু ফুলে ভৰা ।
সেয়ে হ'ব আমাৰ স্বাধীনতা।
ঠিকনা
চৰাইদেউ সোণাৰি
অঙ্গন: পৃষ্ঠাঃ 26
জীৱন
অঞ্জলি দত্ত
অনন্ত কামনাৰ দুৰন্ত গতিত মৃত্যু নিৰৱ
সাধক :
সত্যৰ সাৰাংশ সময়:
যদি যন্ত্ৰণাই জীৱনৰ তিক্ততাৰ ছবি এটা :
ৰূপক মাথোঁ তাৰ কম্পন :
ৰঙীন আকাশ আশাৰ ছাঁ :
ক্ৰন্দন হুমুনিয়াহ সত্যৰ অপলাপ নে
তেন্তে জীৱন ?
খোজৰ এক দীঘলীয়া যাত্ৰা
ফটা ছিঙা পাদুকাত দুখীয়াৰ ক'লা ৰুঢ় বাস্তৱ
মলিয়ন বস্ত্ৰ শুকান ফাগুনৰ ৰুঢ় বাস্তৱ
কিউৱা ভিয়েটনামৰ আকাশত চিলা উৰুৱাই কোনে দি আহিছে সমতাৰ বতৰা
সত্য এটা স্পৰ্শ কৰিব লগীয়া হ'লে
অপলাপ হ'ব আন এটা সত্যৰ
কাষেৰে পাৰ হৈ গৈছে বিষাক্ত সৰীসৃপ শীতল গতিত
কুটিল হাঁহি আভুৱা অপসংস্কৃতি ঢাক-ঢোল
সৰু সৰু জীৱন সিহঁতৰ বাসনাৰ অস্ত্ৰ
মৃত্যু ওচৰত লৈ থোৱা এটা ক্ষমতা যি হাতত লোৱা হয় কলমৰ দৰে
চিয়াঁহী শেষ নহ'লেও নিশেষ কৰে , এটাৰ পিছত এটাকৈ শব্দ ধ্বনি
জীৱন মানে হয়টো বিতৃষ্ণা ?
আকাশখনে আপোন উদাৰ শুভ্ৰ পোছাক পিন্ধে
কিন্তু ডাৱৰবোৰে খেদি ফুৰে
তথাপি সিহঁতে হাঁহে
জীৱন জীয়াই থকাৰ স্বপ্নত
বিলাসী ঘোঁৰা দৌৰত বিজয়ী হোৱা
ৰণুৱা বোৰক আপোন বিভোৰ হৈ চাই থাকে
ঠিক মৃত জীৱন এটাৰ দৰে
জীৱনক চুই যোৱা চলেৰে।
পৰিচয়:-
অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কমিটিৰ যুটীয়া সম্পাদক
অঙ্গন: পৃষ্ঠাঃ 27
সুৰুজমূখী স্বপ্ন
শ্ৰী অঞ্জুমনি চেতিয়া
মনত পৰে তাইৰ
বকুলৰ তলত সৌ
তাহানিৰ খেলা ।
নাছিল চিন্তা, ক্লেশ অথবা হতাশা তেতিয়া ।
অনুভৱী মনে তাই নাজানে,
বাস্তৱৰ পৃথিৱীখন কিমান ভয়াবহ!
হৃদয়হীন মানুহৰ সান্নিধ্যত
হেৰাই যেন জীৱনৰ স্বৰূপ।
দিশহাৰা আজি তাই
শূন্যতাৰে ভৰা পাৰ ভঙা যেন এখন নদী,
ধাৱমান হয় দিনবোৰ অজান দেশলৈ .....
আশাহত নহয় তাই
নতুন সূৰুযে আহি
পোহৰাব তাইৰ জীৱন গাথা,
বিশ্বাস মাথো ঈশ্বৰত ।
ঠিকনা:-
বৰিগাও চাইদিং,
যোৰহাট।
অঙ্গন: পৃষ্ঠাঃ 28
এমুঠি পোহৰ সন্ধান
মিনাক্ষী জোন গগৈ
হালধীয়া ফুলৰ প্ৰেয়সী তাই,
এমুঠি পোহৰ সন্ধানত আগুৱাই যায়।
সংগ্ৰামৰ সোঁতত তাই হেৰুৱা হাঁহি,
ঘুনীয়া হোৱা ফুলবোৰৰ পাহি,
অনাদি এক প্ৰশান্তি আজি
দুটি আত্মাৰ এটি পজা সাজি।
অন্তহীন কাহিনী প্ৰান্তত,
জীৱন যাত্ৰাৰ শেহান্তত।
হালধীয়া ফুলৰ মৰসা গোন্ধৰ
তমসাত সাৰ পাই উঠা জোনটিত,
কিৰণৰ হেন্দোলনি ঘাটত।
দুটি আত্মাৰ বৃদ্ধ বাটত
অন্তহীন কাহিনী প্ৰান্তত,
জীৱন যাত্ৰাৰ শেহান্তত।
ঠিকনা:-
জিলা : যোৰহাট জিলা।
ফোন নম্বৰ : ৬০০৩৭৯৫৯৬৫
অঙ্গন: পৃষ্ঠাঃ 29
মই আৰু মোৰ জীৱন
(এক আত্মকবিতা)
ক্ষীৰোদ হাজৰিকা
মই,
এটা নাম, এখন মুখ,
অগণন সুৰৰ মাজত এটা মলিয়ন সুৰ।
নহয় মহান, নহয় ইতিহাস,
তথাপি মোৰো আছে এটা জীৱনৰ বাট।
ছাঁহ-কেঁচা পথ, ধূলিৰে ভৰা,
ঘাম আৰু আশা মিশ্ৰিত সংগ্ৰামৰ কাহিনী।
যৌৱন—
এক তীব্ৰ উৰণি,
স্বপ্নৰ পাখি মেলি উৰা এক বতাহ।
কেতিয়াবা জ্বলি পৰা দীপ ,
কেতিয়াবা অন্ধকাৰত সপোনৰ গজালি।
নতুন কিছু কৰাৰ ইচ্ছা,
আৰু নিজক চিনাকি কৰাৰ ব্যাকুলতা।
পঢ়া-শুনা—
কেতিয়াবা বৈদ্যুতিক বাতিৰ তলত,
আৰু কেতিয়াবা শব্দৰ ডেউকা মেলি ,
নজনা ভাষাকো বান্ধি তুলিলোঁ,
অক্ষৰৰ মাজত গঢ়িলোঁ জীৱনৰ দীঘল বাট।
কৰ্ম—
মোৰ পৰিচয়, মোৰ অস্তিত্ব,
আৰু জনমৰ দায়বদ্ধতা।
এটা কাম, এটা দায়িত্ব,
য'ত নোৱাৰে অলসতাই।
মই,
মোৰ জীৱন—
এটা দীঘল কবিতা,
য’ত সংগ্ৰামৰ পংক্তিৰে সাজে সৌন্দৰ্য,
যৌৱনে মেলি ধৰে আশা,
শিক্ষাই দিয়ে দীপ্তি,
আৰু কৰ্মই দিয়ে মানৱতা ।
অঙ্গন: পৃষ্ঠাঃ 30
মোৰ বুলিবলৈ একোৱেই নাই
নিবেদিতা দাস দত্ত
মোৰ বুলিবলৈ একোৱেই নাই
আঙুলিৰ ফাঁকৰ শব্দবোৰৰো
ভৰসা চিয়াঁহীলৈ
ৰঙীণ হ'বলৈ
অনুভৱৰ অলংকাৰেই বা ক'ত ?
হাতৰ তলুৱাতে মৃত্যু বাঞ্ছনীয়
তেন্তে আনক জীৱন দিবলৈ
তেজ হুপি কি লাভ ?
য'ত নাই আক্ষেপ
তাত খোজৰ হিচাপ বিচাৰি
হাবাথুৰি কিয় ?
দুদিনীয়া জীৱনৰ মায়াত
আশ্ৰয় বিচাৰি হাহাকাৰ কিয় ?
সাগৰত পানীৰ টোপাল বুটলি
সপোন দেখাৰ অৰ্থ ক'ত ?
মোৰ বুলিবলৈ একোৱেই নাই
তেন্তে অত প্ৰশ্নৰ উত্তৰ ক'ত ?
অঙ্গন: পৃষ্ঠাঃ 31
তুমি আহিলা
মাধুৰীমা ডেকা
তুমি আহিলা মোৰ বিষণ্ণ শুকান মৰুময় হৃদয় জীপাল কৰিবলৈ।
তুমি আহিলা মোক সেই আশ্বাস দিবলৈ যে এই পৃথিৱীত কোনোবা এজন মোৰ বাবেও আছে।
মোৰ কথা ভাৱিবলৈ চিন্তা কৰিবলৈ খবৰ ৰাখিবলৈ
মৰম আকলুৱা এই মনটোৱে অকণমান আদৰ বিচাৰে।
বিচাৰে আশ্বাস জীৱনে নিদিয়া আশ্বাস
বিচাৰে নিৰ্ভয়তা দুহাতেৰে আৱৰি ৰাখিব পৰাকৈ।
এই পৃথিৱীৰ আটাইতকৈ পবিত্ৰতম শব্দ বন্ধুত্ব
সেয়াই দিছা তুমি মোক তাৰ পিছতো কোৱা
তুমি মোক একোৱেই দিব পৰা নাই।
যিমানেই হাঁহি নাথাকা কিয়
তোমাৰ চকুৰ বিষণ্ণতা মই চিনি পাওঁ।
কাৰণ সেয়া যে মোৰ দুচকুতো আছে।
পৰিপূৰ্ণতাৰ অভাৱ। অভাৱ ভগ্ন হৃদয়ৰ উপশম ঘটোৱাৰ। কিন্তু চিন্তা নকৰিবা
মই আছোঁ মই থাকিম ভালপাওঁ তোমাক
আৰু পাই থাকিম জীৱনৰ শেষ উশাহ পৰ্য্যন্ত।
যদি জীৱনৰ পিছতো কিবা থাকে তাতো তোমাকেই মই বিচাৰোঁ।
মোৰ হৃদয়ৰ মণি কোঠাত সদায় থাকিবা তুমি
সেই ঠাইখিনি তোমাৰ
তোমাৰ বাদে নাই আন কাৰো সেই অধিকাৰ।
তুমি মোৰ সৰ্বশ্ৰেষ্ঠ বন্ধু কিন্তু সেইবুলি ভবাৰ পিছতেই নিজকে সোধো কেৱল আমি বন্ধুৱেই নে ?
নাম নিদিওঁ এই সম্বন্ধৰ।
এনেকৈয়ে থাককচোন
কথাবোৰ সহজ হৈ।
উখল মাখল হিয়াৰ আবেগ
মৌন ওঁঠ অনুভৱী মনৰ বাংময় প্ৰকাশ
স্বপ্নময় দুচকুৰে চাওঁ তোমালৈ
আচৰিত লাগে কেনেকৈ সলনি হৈ গ'ল সকলো
তুমি অহাৰ পিছত।
জীৱনটোৰ প্ৰতি মোহ উপজিছে
আৰু জীৱন জীয়াই থাকিবলৈ এটা মোহৰ সাংঘাতিক প্ৰয়োজন।
তুমি আহিলা পোহৰ আৰু ৰঙেৰে মোৰ জীৱন বৰ্ণিল কৰিবলৈ।
গুৱাহাটী অসম।
অঙ্গন: পৃষ্ঠাঃ 32
তোমাৰ হৃদয়খনৰ নিলামত মইও ভাগ ল'ম
দেবজিত হাজৰিকা
তোমাৰ হৃদয়খনৰ নিলামত এইবাৰ
ময়ো ভাগ ল'ম বুলি ভাবিছোঁ শকুন্তলা বৰুৱা
সঁচানে বাৰু,
তোমাৰ হৃদয়খন বোলে
এইবাৰ নিলাম কৰিবা
হয় নে ?
শকুন্তলা বৰুৱা ।
তোমাৰ হৃদয়ৰ দৰ কিমানলৈ উঠিব বাৰু !
কোনে কোনে বা ভাগ ল'বহি
তোমাৰ হৃদয় বিচাৰি !
কিমানেযে টকাৰ ঢল বোৱাব, কিন্তু
তোমাৰ হৃদয়খনৰ নিলামত ময়ো ভাগ ল'ম।
মাত্ৰ হাজাৰ টকা দৰতকৈ
পাৰ কৰিব নোৱাৰা ময়ো
শেষত বহি ভগৱানক প্ৰাৰ্থনা কৰিম, তোমাৰ হৃদয়ৰ দৰ যেন
হাজাৰ টকাতকৈ নুঠক।
সেইয়েহে, তোমাৰ হৃদয়ৰ নিলামত ময়ো ভাগ লম বুলি ভাবিছোঁ এইবাৰ।
পিছে,
তোমাৰ হৃদয়খন ইমান
সস্তীয়া হয় জানো শকুন্তলা বৰুৱা।
মোৰো দুখ লাগিব তোমাৰ
হৃদয়খন মাত্ৰ হাজাৰ টকাত বিক্ৰী হৈ গ'লে।
হ'ব দিয়া,
তুমি নাথাকিলেও মোৰ ৰাতিৰ আকাশত জোনৰ লগত তৰাইও খেলিব, তুমি নাথাকিলেও শকুন্তলা বৰুৱা
চৰাই চিৰিকটিৰ মাতত পুৱাই সূৰুযে পৃথিৱীলৈ ঢাপলি মেলিব।
ওচৰত নাপালেও
তোমাক দূৰৰ পৰাই ভাল লাগিব !
তুমি দূৰত থাকিলেও
কাষত ,কাষত থকা গোন্ধটোৱে
"জেৰজিঅ আৰ্মানি ক'ড" আৰু
"ক্ৰিড এভেনটাছৰ"
দৰে পৃথিৱী বিখ্যাত সুগন্ধিবোৰ
নিস্তেজ হৈ পৰে।
হলেও শকুন্তলা বৰুৱা
তোমাৰ হৃদয়খনৰ নিলামত ময়ো ভাগ লম।
তিতাবৰ, যোৰহাট
9678945732
অঙ্গন: পৃষ্ঠাঃ 33
নীলাখামৰ চিঠিঃ
প্ৰিয়,
বহুদিনৰ মূৰত আজি লিখিবলৈ ল'লো মোৰ ডায়েৰীৰ মাজ পৃষ্ঠাৰ বুকুৰপৰা তোমালৈ বুলি একলম। চিয়াঁহী প্ৰতিপলে লিখিব বিচাৰে তোমালৈ হেজাৰ অনুভৱ। হৃদয়খনে কিমান আৰু অভিমান কৰিব কোৱা ?— নোৱাৰে যে মোৰ ভালপোৱাৰ আগত।
কেনে আছা বুলি সুধিবলৈ চিয়াঁহীয়ে আমনি পাই, কাৰণ তুমি ভালেই আছা প্ৰতি ক্ষণতেই বুজাই দিছা; তথাপিও মোৰ দায়িত্ব কেনে আছা তুমি আৰু মা-দেউতা কেনে আছে ? সময়ৰ অজুহাতত তুমি পাহৰি যোৱা এইবোৰৰ উত্তৰ দিওঁতে সেয়ে ব্যৰ্থ প্ৰশ্ন কৰি আমনি নকৰোঁ।
প্ৰিয় তুমি শুনিব নিবিচাৰিলেও মই ক'ব বিচাৰোঁ তোমালৈ বুলি মোৰ অনুভৱ। মই তোমাৰ প্ৰেমৰ পিয়লা পি মত্ত, তুমিয়েই মোৰ প্ৰথম আৰু শেষ ভালপোৱা। প্ৰিয় মানুহ বুলি তোমাক ঠাই দিছিলোঁ স্বচ্ছ কাঁচৰ দৰে মোৰ হিয়াখনত। আজি দ্বিধা নকৰোঁ, মাথোঁ তোমাকেই বিচাৰোঁ। মোৰ হাতখন এতিয়াও একান্ত তোমাৰ পৰশৰ অপেক্ষাত, কুঁহি পাতবোৰ যেনেকৈ ঋতু সলনিত গজি উঠে ঠিক সেইদৰে ময়ো তোমাৰ পৰশ পালে নতুনকৈ জী উঠিলোঁহেঁতেন। চিয়াঁহীৰ আগত তোমাৰ নাম, দাপোনৰ আগত তোমাৰ প্ৰতিচ্ছবি, হৃদয়ৰ ভাঁজত তুমি... আচলতে জীৱন নামৰ অনাগত প্ৰতিটো পৃষ্ঠাত জিলিকি আছা তুমি আৰু তুমি। ভাষাৰে বুজাব নোৱাৰোঁ, ওঁঠৰ ফাঁকত উচ্চাৰণ কৰিব নোৱাৰোঁ ভালপোৱাৰ বাণী, মাথোঁ মোৰ ডায়েৰীৰ ভাঁজত চিয়াঁহীৰে লিখিব পাৰোঁ I Love You । বৰ ভালপাওঁ তোমাক, এদিন জুখিবলৈ আহিবা আৰু চাই যাবা প্ৰতিখন ডায়েৰীৰ পৃষ্ঠাত জিলিকি থকা তোমাৰ বৰ্ণনা ভালপোৱাৰ ভাষাৰে আছে সযতনে সজোৱা।
অতীত, বৰ্তমান আৰু ভৱিষ্যৎ তুমি তিনিও কালৰ মোৰ প্ৰথম আৰু শেষ ভালপোৱা। আৰু কি কম ! ক'বলৈ বহুত আছে অথচ একোৱেই নাই। কাৰণ তোমাক আমনি কৰাৰ অভিপ্ৰায় নাই। তথাপিও যদি চিঠিখন পঢ়া উত্তৰ দিবা বুলি আশা ৰাখিলোঁ।
ইতি —
তোমাৰ অপ্ৰিয় প্ৰেমিকা
শিল্পী দাস (প্ৰিয়)
ৰাণীপুখুৰী, ভালুকমাৰী (হোজাই)
যোগাযোগ :- ৭০০২৩১৫৫৫০
অঙ্গন: পৃষ্ঠাঃ 34
গল্পঃ
জোনাকৰ সিপাৰে নিবিচৰা বাট
পূজা দত্ত
ফুল বোৰৰ প্ৰতি মোৰ আকৰ্ষণ সৰুৰে পৰাই , তথাপিও তাইক লগ পোৱা পাছৰে পৰা আকৰ্ষণবোৰ বাঢ়ি আহিল। বিশেষকৈ গোলাপ ফুললৈ । তাই যে গোলাপ ফুল ভাল পাইছিল, এতিয়াও বাৰান্দাৰ কাষতে মায়ে ৰোৱা গোলাপ ফুল জোপা দেখিলে তাইলৈ বৰকৈ মনত পৰি যায় । দীঘলকৈ উশাহটো টানি গোলাপৰ মিঠা মিঠা সুগন্ধ সুমোৱাই ল'বলৈ মন যায় বুকুৰ মাজত । আঁতি আঁতি বান্ধি ৰাখিব যেন সুগন্ধিবোৰে । তাইৰ ভালপোৱা বোৰৰ দৰেই ....
তাই আজিও আহিছে খোজ কাঢ়ি তাৰ হোষ্টেলৰ সন্মুখৰ জেৰক্সৰ দোকান খনলৈ । নীলা দুপাট্টা আৰু বগা ছেল'ৱাৰ কামিজ যোৰে তাইক সঁচাকৈ বৰ ধুনীয়া লাগিছে । নিহাৰ, কবিৰ আৰু মই ছাদৰ ওপৰতে বহি আড্ডা দিয়াত ব্যস্ত । আলোকে আহি কলেহি তাইক দেখাৰ কথা । তাইৰ কথা কৈ কৈ অলপ কাণ ঘোলা কৰা নাই ইহঁতৰ ! সেই কাৰণে লগৰ কেইটাই তাইক য'তে দেখে খবৰ দিয়েহি । মই ওলাই গ'লো দোকানখনলৈ হোষ্টেলত পিন্ধি থকা হাফপেণ্ট আৰু আকাশ ৰঙৰ টি-ছাৰ্টটোৰে । তাইক ওচৰৰ পৰা লগ পোৱাৰ আশাত । কিন্তু আজিও বেছি সময় লগ নাপাম তাইক । মই গৈ পোৱাৰ আগতে তাইৰ প্ৰেক্টিকেলৰ ক'পি কেইখনৰ বাইন্দিং কৰাই শেষ হৈছিলেই । তাই দোকানি জনক পইছাটো দি খৰ খেদাকৈ ওলাই গ'ল । মাতিম বুলি ভাবিও আজিও সাহস নহ'ল ।
তাইক দেখিলেই আজিকালি বুকুখনত এক বুজাব নোৱাৰাকৈ মিঠা শিঁহৰণ জাগি উঠে । বাৰে বাৰে চাবলৈ মন যায় তাইক আৰু লগ পাবলৈও । নাজানো কি কম লগ পালে তাইক , কথা পাতিবলৈ দেখোন ভয়ে লাগে । কলেজলৈ আহোঁতে তাইৰ সোঁৱে-বাওঁৱে কেইবাজনীও বান্ধৱী থাকে । সাহসে নহয় মোৰ কথা পাতিবলে। আজি তাইক অকলে কেণ্টিনত বহি থকা দেখিয়ে গ'লো তাইৰ কাষলে । বুকুৰ স্পন্দনবোৰ যেন ৰৈহে যাব ! নাই আজি এই সুযোগ এৰাত নাই । তাই কফিৰ কাপটোত চুমুক দিছে ।
বহিব পাৰোঁ নে ...? তাই বহা বুলি কোৱাত মই গৈ তাইৰ সন্মুখৰ চকী খনতে বহিলোগৈ । তাই কলেজৰ বাৰ্ষিক আলোচনীখনত লিখা গল্পটোৰ পৰাই আৰম্ভ কৰিলোঁ।
: তুমি ধুনীয়া লিখা । গল্পটো পঢ়ি ভাল লাগিল । আগলৈও তোমাৰ লেখা পঢ়িবলৈ পাম নিশ্চয় !
তাই হাঁহিৰে মোৰ দোঁৱালে ।
: মই নিবিৰ .. নিবিৰ চলিহা ।
: মই ৰশ্মিশিখা বৰুৱা।
তাইৰ নামটোৰ দৰেই ধুনীয়া তাই । ককাললৈকে বৈ পৰা চুলি পদুমৰ পাহিৰ দৰে চকুহাল মৰম লাগি যায় কিবা এটা ।
: মই জানো তোমাৰ নাম । লেখাটোত পঢ়িছোঁ নহয়।
: অ' ....। মোৰ ক্লাছৰ সময় হ'ল।
তাইৰ ক্লাছৰ সময় হোৱাত তাই যাবলৈ ওলাল । তাই যোৱাৰ ফালে বহু সময় যে ভেবা লাগি চাই আছো গমকে নাপাওঁ । আলোকে পিঠিত মৰা ঢকাটোতহে জ্ঞান আহিছে । আ.. তোৰ ভাল দিন আহিল যেন পাওঁ । বেকা কৈ হাঁহি এটা মাৰি ওলাই আহিলো কেণ্টিনৰ পৰা । কলেজৰ ক্লাছ বোৰৰ মাজে মাজে আঁৰ চকুৰে তাইক চাওঁ । তেনেকৈয়ে ভাল লাগে ।
সময় বোৰ গৈ থাকে কিন্তু তাইৰ লগত বিশেষ কথাহে পতা নহয় । কলেজৰ কেম্পাছত তাইৰ লগত মুখা মুখি হ'লে তাই হাঁহিৰে সম্ভাষণ জনাই আৰু ময়ো হাঁহি মাৰিয়ে প্ৰত্যুত্তৰ দিওঁ । হোষ্টেলৰ চাদৰ ওপৰত বহি তাইৰ কথাকে ভাবি থাকো । কেতিয়া যে তাইক বুকুত থোপাই ৰখা কথা বোৰ ক'বলৈ সাহস গোটাব পাৰিম !
আজি আমাৰ বিদায় সভা, তিনিটা বছৰ যে কেনেকৈ পাৰ হ'ল ! বুকুখন ডাঙৰ কিবা এটা হেৰুৱাৰ দুখে বৰকৈ বিন্ধিছে। কলেজৰ সহপাৰ্থী সকলক এৰাৰ দুখটো আছেই বেছিকৈ দুখ লাগিছে তাইক যে আকৌ লগ নাপাম ! ক্লাছৰ মাজে মাজে তাইক এবাৰ চাইয়ে বুকুখন ভৰি আছিল । এতিয়া কলেজ এৰি যোৱাৰ পাছত সকলোৰে ঠিকনা সলনি হ'ব । কলেজৰ এই তিনিটা বছৰত মই সেইকণ সাহস গোটাবৈ নোৱাৰিলোঁ । এতিয়া কলেজৰ শেষৰ দিন কেইটাত তাইক যে কথা কেইটা ক'ব পাৰিম মোৰ নিজৰ ওপৰতে বিশ্বাস নহয় ।
কালৈৰ পৰা পৰীক্ষা আৰম্ভ হ'ব । মই পঢ়াত মন বহুৱাব পৰা নাই ৰশ্মিশিখাৰ কথাকে মনলৈ আহি আছে । তাইলৈ বুলি কিনি ৰখা কলমটো কালিলৈ দিম বুলি ভাবি আছো । মনতো বুজাব নোৱাৰা অনুভৱ । নাই নাই পৰীক্ষাটো ভালকৈ দিব লাগিব । মই আকৌ কিতাপৰ পাতত মন দিলো ।
ন' বাজিবলৈ আৰু পোন্ধৰ মিনিট মান আছে .. ৰশ্মিশিখাক কলেজৰ গেটৰ সন্মুখত ৰৈ থকা দেখি আগবাঢ়ি গ'লো । কলেজৰ ফুলনি খনত ফুলি থকা ৰঙা গোলাপ এপাহ ছিঙি হাতত ল'লো । তাইক মাত লগাই পৰীক্ষাৰ শুভেচ্ছা জনালোঁ । কলম আৰু ফুল পাহ আগুৱাই দিলো .. তাই ল'লে।
: মই জানো তুমি ফুল ভাল পোৱা, তুমি যে আলোচনী খনত গোলাপৰ বিষয়ে লিখিছিলা সেয়ে.. লৈ আহিলো তোমালৈ !
তাই উপহাৰটো লৈ ধন্যবাদ জনালে ! পৰীক্ষা হললৈ সোমাই গ'লো নিজৰ ছিট বিচাৰি । মনটো ভাল লাগিল বুজাব নোৱাৰাকৈ ।
আজি পৰিক্ষা শেষ হ'ব । শেষ বাৰলৈ আমাৰ দেখা দেখি কলেজ কেম্পাছৰ A6 ৰূমটোৰ সন্মুখৰ কৰি'দৰটোত । তাই আজিও মোলৈ চাই হাঁহি মাৰিছে আৰু ময়ো । সময়বোৰ এনেকৈয়ে ৰৈ যোৱা হ'লে কিমান যে ভাল পালোহেঁতেন । নাই ই গতিশীল কাৰোলৈয়ে নৰয় । মই তাইক আজিও একোকে ক'ব নোৱাৰিলো। পৰীক্ষা শেষ কৰি ঘৰলৈ গুচি আহিলো । ঘৰলৈ গৈ কম্পিউটাৰৰ ক্লাছত নাম লগালো । ৰিজাল্ট দিলে মই ভবাতকৈ ভাল নম্বৰ পাইয়ে উত্তীৰ্ণ হ'লো । মাষ্টাৰ ডিগ্ৰীৰ বাবে আকৌ গুৱাহাটীলৈ যাব লগা হ'ল । আকৌ আৰম্ভ হ'ল হোষ্টেলৰ জীৱন । মাজে মাজে শিখালৈ মনত পৰে । পিছলৈ তাইক শিখা বুলি মাতিবলৈ আৰম্ভ কৰিলোঁ। আকৌ পঢ়াত ব্যস্ত হওঁ ।
পঢ়া শেষ কৰি ঘৰলৈ উভতিছোঁ আলোকৰ লগত । আমি আহি থকা ছুপাৰখন ৰাস্তাতে ৰৈ গ'ল । অলপ পাছত গম পালো কিবা বেয়া হৈছে । গাড়ীৰ পৰা নামি আহি ৰাস্তাৰ কাষতে ৰ'লো । আলোকে ৰাস্তাৰ কাষতে থকা মানুহ ঘৰৰ ফালে চাই দেখিলে শিখাক ।
: অ'ই নিবিৰ সৌৱা শিখা ..
মই চক খাই গ'লো। হয় সঁচাই তাইয়ে দেখোন।
কমলা ৰঙৰ সাজ যোৰে তাইক আজিও বৰ ধুনীয়া দেখিছে । কপালত জিলিকি থকা ৰঙা বেলিটো আৰু সেওঁতালৈকে বৈ থকা সেন্দুৰীয়া আলিটোৰে বৰ ধুনীয়া লাগিছে তাইক। মোৰ বুকুখন বাৰু কিয় বিষাইছে । ভৰিৰ তলৰ মাটিবোৰ নোহোৱাৰ দৰে লাগিছে।
: অ'ই ..আলোক মোক পানী অলপ দে চোন । আলোকে বুজিলে মোৰ মনৰ যন্ত্ৰণা ।
তাইক ইমান দিনৰ পাছত দেখি মোৰ ভাল লাগিছে । মোৰ আৰু ভাল লাগিল হয় যদি তাই লোৱা সেন্দুৰীয়া আলিটো মোৰ নামৰ হ'ল হেঁতেন । ভুল তাইৰ নহয় ভুল মোৰ । মোৰ অলপ মান সাহস থকা হ'লে মই তাইৰ লগত সুখী হ'লো হয় । গোটেই জীৱন পাৰ কৰি দিব পাৰিলো হেঁতেন তাইৰ মৰম সনা চকু যুৰিত ডুবি । সকলো শেষ হৈ গ'ল । মোৰ ভালপোৱাবোৰ একপক্ষীয় হৈ ৰ'ল । নিজৰ ওপৰতে প্ৰচণ্ড খং উঠিল । তাইক ইমান দিন নেদেখাকৈ আছিলো ভালে আছিল । অন্তত মনত আশা অলপ আছিল । এতিয়া বুকু খনত শূণ্যতাই আবৰি ধৰিলেহি।
লাহে লাহে বেলিটো পশ্চিমলৈ ধাপলি মেলিলে, আন্ধাৰবোৰ গভীৰ হৈ আহিল। অমাৱস্যাৰ নিশা হ'ব পায়।
: নিবিৰ গাড়ী ভাল হ'ল আহ।
মই উচপ খাই উঠিলোঁ।আগবাঢ়িলো আলোকৰ পিছে পিছে ভাগৰুৱা শৰীৰটো লৈ। তেতিয়া সূৰুয ৰশ্মি হেৰাই পৃথিৱী এন্ধাৰ ....।
ঠিকনা:
তিতাবৰ,যোৰহাট।
Mb 7002497166
অঙ্গন: পৃষ্ঠা 35
সপোনৰ পৃথিৱীত
অঞ্জুমনি চেতিয়া
: ক্ৰিং..... ক্ৰিং......ক্ৰিং।
: হেল্ল...
: হেই কি কৰিছা ? ভালে আছানে ?"
: ..........!!!!!!
ফোন কলটোৰ পিছতেই তাই যেন এক শব্দহীন যন্ত্ৰৰ দৰে হৈ পৰিল। তাইৰ মনত পৰিল সেই দিনটোৰ কথা, যিদিনা হিৰণ্যই তাইক আহিম, আহিম বুলি কৈ পিছত নাহিল। বহুত হেঁপাহ আছিল বহুদিন ধৰি তাৰ
নেদেখা মুখখন তাইৰ এবাৰ চাবলৈ !
: হেই কি হল ? মুখৰ মাত নাইকিয়া হ'ল যে ?
: অ'... হায়, ভালেই মোৰ, তোমাৰ কেনেকুৱা ? আজি তাইৰ মুখত সেই স্ফুৰ্তি, সেই আনন্দবোৰ নাই ! আজি কেৱল তাই ভাবিছে কি উদ্দেশ্যত বা সি তাইলৈ ফোনটো কৰিলে ? আকৌ দুখ দিয়াকৈ সি তাইৰ মনটো ভাঙিব বিচাৰিছে নেকি ? আকৌ তাই অকলশৰীয়া হ'ব নেকি ? নাই সেইটো কেতিয়াও হ'ব নোৱাৰে । মূহুৰ্ততে তাই
প্ৰকৃতিস্থ হৈ পৰিল। আজি তাই তাহানিৰ বন্তিজনী নহয় ! তাই ফোনটো লগে লগেই কাটি দিলে । কিবা এক অদ্ভুত আচৰণ তাই কৰিব ধৰিলে ।তাই আজি তাক আৰু বিশ্বাস নকৰে। মনত পৰিল সেই দিনটোৰ কথা যিদিনা
সি তাইক কৈছিল, সেই ঠিকনাটোত তাইক ৰৈ থাকিবলৈ! সি তাইক পচন্দ কৰে বুলি বাৰে বাৰে কোৱাৰ পিছত তাই নিজকে প্ৰস্তুত কৰিছিল, এবাৰ তাক লগ পাই লওক, তাৰ পিছত সিদ্ধান্ত ল'ব কি ক'ব। ঘন্টাৰ পিছত ঘন্টা পাৰ হ'ল, সি দিয়া ঠিকনাটোত তাই সাঁজি-কাঁচি ৰৈ থাকিল ৰাতিপুৱাৰ পৰা সন্ধ্যা লৈকে । সি কেৱল "আহি আছো, আহি আছো" বুলি মিছা আশা দেখুৱাই শেষত নাহিল । তাই দুচকুৰ পানীৰে বাট নেদেখা হ'ল । কিমান যে হেঁপাহেৰে ৰৈ আছিল তাই !সপোন ৰচিবলৈ আৰম্ভ কৰিছিলহে মাত্ৰ। তাৰ মিঠা মিঠা লগা কথাবোৰত ভোলগৈ ! এদিন দুদিন কৰি বহুদিন বাট চাই ৰ'ল তাই, সি কিন্তু আৰু উভতি নাহিল ।
এদিন লগৰ এজনৰ মুখেৰে তাই গম পালে যে তেওঁ বোলে চাকৰি পাই ইতিমধ্যে বহু দূৰলৈ গুচি গৈছে । তাইৰ সপোনবোৰ ভৰিৰে গচকি হিৰণ্যই আন এগৰাকী যুৱতীৰ লগত বিবাহ পাশত আবদ্ধ হ'ল। তাইৰ সপোনৰ ঘৰখন এনেদৰেই কৰবাত হেৰাই গ'ল। নিষ্ঠুৰ বাস্তৱৰ অতল গহ্বৰত।
: মাজনী অ' মাজনী...!
মাকৰ গগণ ফলা চিঞৰত তাইৰ টোপনি ভাগিল। সাৰ পায়হে তাই যন্ত্ৰণা ভৰা সপোনৰ মায়াজালৰ পৰা মুক্ত হ'ল।
ঠিকনা:-
বৰিগাও চাইদিং, যোৰহাট
Email-anjumonichetia26@gmail.com
অঙ্গন: পৃষ্ঠাঃ 36
শেষ পৃষ্ঠাৰ চিন্তাঃ
টাৰিফ ৱাৰ
বৰ্তমান পৰিস্থিতিৰ লগত প্ৰায় সকলোৱেই পৰিচিত । এই "টাৰিফ" অৰ্থাৎ শুল্কে বাতৰিৰ শিৰোনামা দখল কৰি বুদ্ধিজীৱীৰ লগতে সাধাৰণ মানুহৰো টোপনি হৰিছে। কিয়নো টাৰিফ অৰ্থাৎ শুল্কে মানুহৰ চিন্তা বঢ়াইছে।কেৱল ভাৰতবৰ্ষই নহয় বৰ্তমান বিশ্বৰ সবাটোতকৈ শক্তিশালী দেশ আমেৰিকাই প্ৰায় সকলো দেশৰ ওপৰত টাৰিফ বা শুল্ক আৰোপ কৰিছে। কিন্তু এই টাৰিফনো কি ? ই দেশৰ অৰ্থনীতিক কেনেকৈ প্ৰভাৱ পেলাই ?
টাৰিফ হৈছে এনে এক প্ৰকাৰৰ কৰ, যাক দুই বা তাতোধিক দেশে আমদানি বা ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত লগায়। গতিকে টাৰিফ ৱাৰ বুলিলে সাধাৰণতে ক'ব পাৰি যে দুখন বা তাতোধিক দেশৰ মাজত চলা বাণিজ্যিক যুদ্ধ। যিটো বৰ্তমান আমেৰিকাই ভাৰতকে আদি কৰি বিশ্বৰ প্ৰায় সকলো দেশৰ ওপৰত আৰোপ কৰিছে। ফলত বিশ্বৰ দেশসমূহৰ মাজৰ সম্পৰ্কত প্ৰভাৱ পৰিছে। কিয়নো প্ৰতিখন দেশেই নিজৰ দেশৰ স্বাৰ্থৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। গতিকে যেতিয়া দেশৰ উন্নয়নৰ লগতে সম্প্ৰভূত্তাত প্ৰভাৱ পৰে তেতিয়াই দেশৰ নীতি আৰু কাৰ্য ক্ষেত্ৰত সাল-সলনি ঘটে। ফলত এখন দেশে আনখন দেশৰ লগত সম্পৰ্ক ৰক্ষাত জটিলতাৰ সন্মুখীন হয়।
কিন্তু এই টাৰিফেনো কিয় আমাৰ চিন্তা বঢ়াইছে সেই বিষয়েহে আমাৰ জনা দৰকাৰ। ধৰা হওক ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা দৰব, কৃষিজাত সামগ্ৰী, ইলেকট্ৰনিক সামগ্ৰীকে আদি কৰি যিবোৰ সামগ্ৰী তাত আমেৰিকাৰ চৰকাৰে 50% টাৰিফ লগালে 1000 টকাৰ বস্তু এটা আমেৰিকাৰ বজাৰত 1500 টকা হ'বগৈ। ফলত তাৰ নাগৰিকে আমাৰ দেশৰ সামগ্ৰী কিনিবলৈ আগতকৈ অধিক ধন খৰছ কৰিব লাগিব। ফলত সামগ্ৰীক ভাবে আমাৰ দেশৰ সামগ্ৰীৰ চাহিদা কমিব আৰু লগে লগে আমাৰ দেশৰ সামগ্ৰীৰ ৰপ্তানিৰ হাৰ কমিব লগতে উৎপাদনো। এই উৎপাদন হ্ৰাস পোৱাৰ লগে লগে কৰ্মচাৰী কমিব ফলত নিবনুৱাৰ সংখ্যা বাঢ়িব। যি আমাৰ দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলাব আৰু ইয়াৰ পৰা বাচিবলৈ দেশে বিকল্প ব্যৱস্থা কৰিব লাগিব। যিটো বৰ্তমান ভাৰত চৰকাৰে কৰাৰ মন মেলিছে। ই ইমান সহজ নহয় যদিও আন্তঃৰাষ্ট্ৰীয় বৈদেশিক বাণিজ্য নীতিৰ সৎ ব্যৱহাৰৰ জৰিয়তে এটা বিকল্প পথ বাচি উলিওৱাটো সিমান কিনো নহ'ব। য'ত আমাৰ দেশে বৰ্তমান BRICS ৰ দেশসমূহৰ লগতে ইউৰোপৰ আন আনে দেশৰ লগতো বাণিজ্যিক সম্বন্ধ গঢ়িবলৈ প্ৰয়াস কৰিছে।অৱশ্যে টাৰিফ ৱাৰৰ প্ৰভাৱ আমেৰিকাত যে নপৰিব তেনে নহয়। ই সেই দেশৰ নাগৰিকৰ সামগ্ৰী ক্ৰয় ক্ষমতালৈ বহু পৰিবৰ্তন আনিব। টাৰিফৰ ফলত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগে লগে তাৰ জনতাই অধিক টকাৰ বিনিময়ত সামগ্ৰী ক্ৰয় কৰিব লাগিব। ফলত তেওঁলোকৰ আৰ্জিত ধনৰ এটা মোটা অংশ সামগ্ৰী ক্ৰয় কৰাৰ নামত খৰছ হ'ব আৰু সঞ্চয় কমিব। ইয়াৰ পৰা বাচিবলে আমেৰিকাই ঘৰুৱা উদ্যোগক প্ৰাধান্য দিলেও সেইয়া ইমান সোনকালেই সম্ভৱ নহয়। যাৰ ফলশ্ৰুতিত টাৰিফ ৱাৰে দুয়োখন দেশৰ অৰ্থনৈতিক উন্নয়নত আঘাত সানিব।
এতিয়া কথা হ'ল টাৰিফ বা শুল্ক কিমান প্ৰকাৰৰ আছে ? বহু প্ৰকাৰৰ শুল্ক এখন দেশে আন এখন দেশৰ ওপৰত আৰোপ কৰে। তাৰ ভিতৰত আমদানি শুল্ক আৰু ৰপ্তানি শুল্ক প্ৰধান। ইয়াত আমদানি কৰা দেশে আমদানি শুল্ক আৰু ৰপ্তানি কৰা দেশে ৰপ্তানি শুল্ক আৰোপ কৰে। যিদৰে আমেৰিকাই ভাৰতৰ ওপৰত আমদানি শুল্ক আৰোপ কৰিছে। সি আমদানি শুল্ক আকৌ ৰপ্তানি কৰা দেশে যি শুল্ক আৰোপ কৰে সেই শুল্ক হৈছে ৰপ্তানি শুল্ক। ইয়াৰ উপৰিও মাচুলৰ ওপৰত ভিত্তি কৰিও কিছুমান নিৰ্দিষ্ট শুল্ক আৰোপ কৰা হয়। ইয়াত সামগ্ৰীৰ মূল্যৰ ওপৰত কোনো গুৰুত্ব দিয়া নহয়। সাধাৰণতে বিপুল পৰিমাণৰ সামগ্ৰীৰ ওপৰত নিৰ্দিষ্ট শুল্ক আৰোপ কৰা হয়। আকৌ মূল্যৰ ওপৰত ভিত্তি কৰিও এডভেল'ম শুল্ক লগোৱা হয়। এই সমূহৰ বাহিৰেও পাৰস্পৰিক শুল্ক আৰোপ কৰা হয়। যিটো বৰ্তমান আমেৰিকাই বহু দেশৰ ওপৰত আৰোপ কৰিছে।
এতিয়া কথা হ'ল টাৰিফ ৱাৰ বৰ্তমান সময়ত বাতৰিৰ প্ৰধান শিৰোনাম । এই টাৰিফ ৱাৰৰ বাবেই পৃথিৱীৰ দুখন বৃহৎ গণতান্ত্ৰিক দেশৰ মাজত সম্প্ৰতি সম্বন্ধত আউল লাগিছে। সি যি কি নহওক অনাগত দিনত দুয়োখন দেশৰ বৈদেশিক নীতিৰ পাৰদৰ্শিতাৰ জৰিয়তে দুয়োখন দেশৰ চৰকাৰে এটা জনহিত সিদ্ধান্তলৈ আহি দুয়োখন দেশৰ নাগৰিকলৈ সুবাৰ্তা কঢ়িয়াই আনিব বুলি আমি আশাবাদী।
মঞ্জিত হাজৰিকা
সহ-সম্পাদক, অঙ্গন
6000709096
অঙ্গন: পৃষ্ঠাঃ 37

0 Comments