অঙ্গনঃ ষষ্ঠ বৰ্ষঃ নৱম সংখ্যা




১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
96786968616000709096/ 9127564124.

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 আগষ্ট 2025.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 5
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

👉সম্পাদকীয় : পৃষ্ঠা-- 7
👉প্ৰবন্ধ : পৃষ্ঠা-- 8-12
👉ধাৰাবাহিক: পৃষ্ঠা--13
👉অণুগল্প: পৃষ্ঠা: 14--15
👉এক মিনিটৰ গল্প:পৃষ্ঠা: 16--17
👉অনুবাদ সাহিত্য : পৃষ্ঠা--18
👉কবিতা: পৃষ্ঠা--29-32
👉 নীলাখামৰ চিঠি: পৃষ্ঠা --33
👉গল্প: পৃষ্ঠা--34--36
👉শেষ পৃষ্ঠা : পৃষ্ঠা-- 37

অঙ্গন: পৃষ্ঠাঃ 6
অঙ্গন
(মাহেকীয়া ই আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ

সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা

উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া

ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা

আৰ্হি পাঠঃ শ্যামলী গগৈ

বেটুপাতৰ শিল্পীঃ
মূৰ্চনা নাথ, তামুলপুৰ

বেটুপাতৰ অঙ্গসজ্জাঃ
সুদীপ্ত নয়ন নাথ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

অঙ্গন: পৃষ্ঠাঃ 7
সম্পাদকীয়ঃ

ভেকুলীৰ বিয়া


কেতিয়াবা সময় আৰু পৰিস্থিতিয়ে মানুহক কি পৰ্যায়লৈ লৈ যাব পাৰে, ভাবিলেই আচৰিত লাগে৷ আমি সৰুতেই শুনিছিলো যে যেতিয়া বৰষুণৰ বতৰতো খৰাং হয়, মানুহে এজাক বৰষুণৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা হয়, তেতিয়াই মানুহে ভেকুলীৰ বিয়া পাতে৷ বহু লোকে বিশ্বাস কৰে যে ভেকুলীৰ বিয়া পাতিলে নিশ্চয় বৰষুণ আহিব৷ এই প্ৰথা কেৱল অসমতেই আছে নে ভাৰতবৰ্ষৰ অন্য ৰাজ্যতো আছে নাজানো৷ সেয়া যিয়েই নহওক, মানুহে পৰিৱেশৰ পৰা সহযোগিতা নাপালে কিদৰে অদৃষ্টক ধিয়াবলগীয়া হয়, তাৰেই জানো এয়া নিদৰ্শন নহয়৷

একেদৰে অন্য এটা প্ৰশ্নও মনলৈ আহিছে৷ মানুহে যেনেদৰে প্ৰকৃতিৰ সহযোগিতা বিচাৰি এইদৰে নেদেখাজনক প্ৰাৰ্থনা কৰে, একেদৰে মানুহে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে চিন্তা কৰেনে? গছ এজোপা কটাৰ সময়ত, পাহাৰখন খহাই পেলোৱাৰ সময়ত, নৈখন জোৰকৈ বান্ধিবলৈ যোৱাৰ পৰত এবাৰলৈ হ’লেও প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ কথা মানুহে ভাবেনে?

অসম কৃষিপ্ৰধান ৰাজ্য৷ এই সময় অসমত ধানখেতিৰ সময়৷ পিছে অনাবৃষ্টিৰ ফলত বৰ্তমান খেতিয়কে হাহাকাৰ কৰিবলগীয়া হৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱামতে বিগত বৰ্ষসমূহৰ তুলনাত যোৱা প্ৰায় ডেৰটা মাহত এইবাৰ ৰাজ্যখনত স্বাভাৱিক পৰিস্থিতিতকৈ ৩৯ শতাংশ কমকৈ বৰষুণ হৈছে৷ এনে ক্ষেত্ৰত ৰাজ্যখনৰ খেতিয়কসকলৰ হাতত থকা একমাত্ৰ উপায়টোৱেই হৈছে আমাৰ চৰকাৰখন৷ চৰকাৰে এনে জটিল সময়ত খেতিয়কসকলৰ পক্ষত থিয় হৈ অধিক জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব৷ যিসমূহ অঞ্চলত একেবাৰেই এই ব্যৱস্থা উপলব্ধ নহয়, তেনেবোৰ অঞ্চলত বিভাগীয় কতৃৰ্পক্ষৰ জড়িয়তে সময় থাকোঁতেই এই ব্যৱস্থা উপলব্ধ কৰিব লাগিব৷

অন্যথা কৃষকৰ এই অসহায় অৱস্থাটোৱে ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোক বাৰুকৈয়ে জোকাৰি যাব৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 8
প্ৰৱন্ধঃ

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য আৰু জাতীয় চেতনা

ঝৰ্ণালী শৰ্মা বৰকটকী

ঊনবিংশ শতিকা অসমীয়া ভাষা সাহিত্যৰ বাবে এটি উল্লেখযোগ্য শতিকা। এই সময়তে প্ৰকাশ পোৱা 'অৰুনোদই' আৰু 'জোনাকী'ৰ পাততে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণ ঘটোৱাৰ কাৰ্যত তিনি গৰাকী পুৰুধ্যা ব্যক্তিয়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। এই 'জোনাকী'ৰ ত্ৰিমূৰ্তি অন্যতম আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।

অসমীয়া সাহিত্যৰ অনেক বিষয়ত পথিকৃৎ লক্ষ্মীনাথ বেজবৰুৱা আছিল বিংশ শতিকাৰ প্ৰথম অসমীয়া কাৰ্টুনিষ্ট। ১৯০৯ চনত বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা 'বাঁহী' আলোচনীৰ পাততে তেওঁ অঁকা কাৰ্টুনসমূহৰ পৰাই আধুনিক অসমীয়া চিত্ৰকলাৰ ইতিহাস আৰম্ভ হ'ল।

'বাঁহী' আছিল বেজবৰুৱাৰ মানস সন্তান। তেওঁ আলোচনীখন অসমৰ এখন মুখপত্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছিল। আৰু এই 'বাঁহী' আছিল বেজবৰুৱাৰ কাৰ্টুনৰ বাটকটীয়া। কাৰ্টুনৰ যোগেদি তেওঁ অসমীয়া সমাজত দেখা ভণ্ডামি, সৰোপালিৰ লগতে সমাজৰ বিভিন্ন ৰাজনৈতিক সামাজিক সমস্যাসমূহ হাস্য ব্যঙ্গৰূপত 'বাঁহী'ৰ পাতত তুলি ধৰিছিল। এই আলোচনীখনৰ পাততে বেজবৰুৱাই 'কৃপাবৰ বৰবৰুৱাৰ ওভটনি' শিতানত কাৰ্টুন চৰ্চা আৰম্ভ কৰিছিল। তেওঁৰ সাহিত্যৰাজিত যিদৰে স্বদেশপ্ৰেম আৰু জাতীয় চেতনা দেখিবলৈ পোৱা যায় ঠিক সেইদৰে কাৰ্টুনসমূহতো গভীৰ স্বদেশপ্ৰেম,  ভাষা সচেতনতা, ব্যক্তিগত আক্ৰমণ আদি দেখিবলৈ পোৱা গৈছিল।

বেজবৰুৱাই যি সময়ত কাৰ্টুন আঁকিছিল সেই সময় অসমীয়া ভাষা সংস্কৃতিৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰাৰ দৰে আছিল। তেওঁ বহ চেষ্টা কৰি সাহিত্যৰ বিভিন্ন বিভাগত বিভিন্ন বিষয়ৰ বিষয়ে লিখি সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। সেয়ে তেওঁক 'সাহিত্যৰথী' উপাধিৰে অলংকৃত কৰিছিল।

বেজবৰুৱাই অঁকা কাৰ্টুনসমূহৰ ভিতৰত 'মূষল পৰ্ব বা ঢেঁকী থোৰা পৰ্ব','বৰবৰুৱাই বাঁহী বাদ্য কৰএ', 'সন্মোহন কাব্য','কন্ধ','পোহাৰী কাকত পূজাৰ চপ' আদি কাৰ্টুনত তেওঁৰ মাজত লুকাই থকা কলা গুণ বৰ সুন্দৰভাৱে প্ৰতিফলিত হৈছে। তদুপৰি অতীতৰ ৰজা মহাৰজাৰ বিষয়ে খোদিত হৈ থকা শিলালিপিবোৰ আমাৰ কিমান প্ৰয়োজনীয়, আৰু সেইবোৰ যে আদৰ নোপোৱাৰ ফলত জহি খহি গৈছে তাক কাৰ্টুনৰ যোগেদি অসমীয়া মানুহৰ মাজত প্ৰকাশ কৰিছিল।

অসমীয়া ভাষা সাহিত্যত বেজবৰুৱাই সৃষ্টি কৰা কাৰ্টুন চিত্ৰ সাম্প্ৰতিক সময়ত আধুনিক অসমৰ চিত্ৰকলা চৰ্চাৰ ক্ষেএখনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছিল। সাম্প্ৰতিক সময়ত অসমৰ সামাজিক মাধ্যম বাতৰি কাকত, আলোচনীসমূহত কাৰ্টুনৰ যোগেদি ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আদি বিভিন্ন দিশসমূহৰ বিষয়ে সজাগতা কৰা দেখা যায়। কাৰ্টুনে এক সবল স্থিতি গ্ৰহন কৰি আহিছে। অসমীয়া কাব্য সাহিত্যত নতুনত্ব কঢ়িয়াই অনাত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান আছিল অতুলনীয়। অসমীয়া কবিতাত বলিষ্ঠ শব্দ, ভাষা আৰু ছন্দৰ প্ৰয়োগেৰে এক নতুন ৰূপ প্ৰদান কৰিলে। তেখেতৰ কবিতাত  অসম আৰু অসমীয়া জাতি তথা ভাষাৰ প্ৰতি থকা ভালপোৱা আৰু শ্ৰদ্ধাৰ মনোভাৱৰ লক্ষণ পৰিস্ফুট হয়। বেজবৰুৱাদেৱে নিজৰ ৰচনা সমুহ নিজেই পঢ়ি ভাল পাইছিল। সেয়েহে বেজবৰুৱাদেৱে 'কবিতা হয় যদি হওক,নহয় যদি নহওক' বুলি লিখা কবিতাৰ সংকলন  'কদম কলি' খন তেওঁ নিজেই ছপা কৰি উলিয়াইছিল। কদম কলিৰ উপৰিও তেখেতৰ  য'ত-ত'ত সিচঁৰিত হৈ থকা কিছুমান কবিতা পাছত 'পদুম কলি' নামেৰে প্ৰকাশ কৰা হয়।

লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ এটি প্ৰধান বৈশিষ্ট হ'ল প্ৰেম। লাগিলে সেই প্ৰেম মানৱ প্ৰেমেই হ‍ওক বা  স্বদ্বেশ প্ৰেমেই হ‌ওক। বেজবৰুৱাৰ দৃষ্টিত মানুহৰ অন্তৰ আত্মাক গভীৰভাবে অনুভৱ কৰাৰ এক উপায় হ'ল প্ৰেম। তেখেতে সমগ্ৰ বিশ্বব্ৰ‌‌হ্মাণ্ডৰ মাজত প্ৰেমৰ মহাশক্তিৰ কথা উপলব্ধি কৰি প্ৰেমক এক বিশেষ স্থান দিছে। ৰোমান্টিক আন্দোলনৰ বাটকটীয়া হিচাপে ৰোমান্টিক কবিতাৰ কল্পনা প্ৰৱনতা বেজবৰুৱাৰ কবিতাত সুন্দৰ ৰূপত প্ৰতিফলিত হোৱা দেখা যায় তেওঁৰ  'প্ৰিয়তমাৰ সৌন্দৰ্য 'নামৰ কবিতাটোত।

লক্ষ্মীনাথ বেজবৰুৱা আছিল জাতীয় চিন্তাৰ নায়ক। তেওঁ প্ৰতিজন অসমীয়াৰ প্ৰাণত জাতীয় চেতনা উদ্ধুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ গদ্য, কবিতাত এই দিশসমূহপৰিলক্ষিত হয়।

বুৰঞ্জীমূলক নাটকৰ ক্ষেততো বেজবৰুৱাই উল্লেখযোগ্য স্থান দখল কৰিছে। চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী উল্লেখযোগ্য। চক্ৰধ্বজ সিংহ নাটকখনত হাস্য ৰস সৃষ্টিৰ উদ্দেশ্যৰে সৃষ্টি কৰা গজপুৰীয়া, গজপুৰীয়ানী; উদাৰতা আৰু ত্যাগৰ প্রতীক হিচাপে জয়মতী কুঁৱৰী নাটকৰ ‘ডালিমী’ চৰিত্ৰটো বেজবৰুৱাৰ নিজা সৃষ্টি। ইয়াৰ বাহিৰেও তেওঁৰ প্ৰহসন জাতীয় নাটক কেইখনতো বিভিন্ন কাল্পনিক ৰহণেৰে অসমীয়া জাতীয় ঐতিহ্যৰ অস্তিত্ব ৰক্ষাৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়।

তদুুপৰি দেখিবলৈ পোৱা গৈছে  তেওঁৰ একমাত্র উপন্যাস পদুম কুঁৱৰীত ঐতিহাসিক সচেতনতা আৰু জাতীয়চেতনাৰ  সুন্দৰ সংযোগ ঘটোৱা।

ৰোমাণ্টিক যুগৰ সাহিত্যিক সকলৰ ভিতৰত বেজবৰুৱাইহে সাহিত্যৰ প্ৰতিতো দিশতে বিশেষভাবে নিজৰ যোগ্যতাৰ  পৰিচয় দিবলৈ সক্ষম হৈছিল। 

জীৱনৰ বহু  সময় অসমৰ বাহিৰত অতিবাহিত কৰিলেও বেজবৰুৱাই চিৰদিনেই কঢ়িয়াই ফুৰিছিল এটি নিভাঁজ অসমীয়া মন, অসমীয়া প্ৰাণ। তেওঁ অসমীয়া ভাষা  সাহিত্যৰ জগত খনত নিভাঁজ অসমীয়া ভাষা, শব্দ আৰু নিমজ ছন্দৰ প্ৰয়োগেৰে এক নতুন মাত্ৰা প্ৰদান কৰি থৈ গৈছে।

লেখিকাৰ ঠিকনাঃ
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফ'ন নং-৯১০১৮৬০৩৫৯)

অঙ্গন: পৃষ্ঠাঃ 9

ধ্ৰুপদী ভাষা

(দ্বিতীয় আৰু অন্তিম খণ্ড)
 
প্ৰণৱ ফুকন

ভাৰতৰ ধ্ৰুপদী ভাষা : আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা প্ৰদান কৰোঁতা কোনো কৰ্তৃপক্ষ নথকাত এই দায়িত্ব প্ৰতিখন দেশৰ চৰকাৰকেই দিয়া হয়; ক’বলৈ গ’লে চৰকাৰে স্বেচ্ছাই এই দায়িত্ব গ্ৰহণ কৰে৷ ভাৰতৰ দৰে বহুভাষিক দেশৰ ক্ষেত্ৰত ই এক অতি গুৰু দায়িত্ব, কাৰণ প্ৰতিটো ভাষাৰ বাবে সমল সংগ্ৰহ কৰা আৰু প্ৰকৃতাৰ্থত গৱেষণা কৰি এটা ভাষাৰ প্ৰাচীনতা আৰু বিবৰ্তনৰ স্তৰ নিৰূপণ কৰা সহজসাধ্য নহয়৷ ভাৰত চৰকাৰে ২০০৪ চনৰ পৰা কিছুমান ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা দিবলৈ আৰম্ভ কৰে৷ প্ৰশ্ন হ’ল, ধ্ৰুপদী ভাষাৰ মৰ্য্যাদাৰ পৰা ভাষাটোৰ কিবা লাভ হয়নে ? হয়, ইয়াৰ ফলত অনেক লাভ আৰু সুবিধা ভাষাটোৱে লাভ কৰে৷ আমি তেনে কেইটামান তলত উল্লেখ কৰিলোঁ৷

(১) ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা প্ৰদান কৰাৰ লগে লগে চৰকাৰৰ ওপৰত কিছু দায়বদ্ধতা আহি পৰে৷ ধ্ৰুপদী ভাষাৰ উন্নয়ন, প্ৰসাৰ আৰু প্ৰচাৰৰৰ বাবে চৰকাৰে সেই ভাষাৰ গৱেষণাৰ বাবে পূঁজি আবন্তন কৰে৷ বিশ্ববিদ্যালয়সমূহত এই গৱেষণাৰ বাবে বৃত্তিৰো ব্যৱস্থা কৰা হয়৷

(২) ধ্ৰুপদী ভাষাৰ লগত জড়িত সাহিত্য, কলাৰ বিকাশ আৰু পুৰাতাত্বিক সমল সংগ্ৰহ তথা সংৰক্ষণ কৰা হয়৷

(৩) এনে মৰ্য্যাদাপ্ৰাপ্তিৰ ফলত ভাষাটো আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃত হয়৷ উদাহৰণ স্বৰূপে, তামিল ভাষাক  UNESCO-ৰ Memory of the World Register-ত অন্তৰ্ভুক্ত কৰা হৈছে৷

ভাৰত চৰকাৰে নিম্নোক্ত ভাষাসমূহক পৰ্য্যায়ক্ৰমে ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা দিবলৈ আৰম্ভ কৰে৷ সেই হিচাপে আজি কিছুদিন আগলৈকে এই মৰ্য্যাদা পোৱা ভাষাসমূহ আছিল--

(ব্ৰকেটত মৰ্য্যাদা প্ৰাপ্তিৰ বছৰ দিয়া হৈছে)

১) তমিল (২০০৪): আটাইতকৈ পুৰণি আৰু বৰ্তমানলৈকে জীয়াই থকা ভাষা৷ এই ভাষাৰ সঙ্গম সাহিত্য খ্ৰীষ্টপূৰ্ব ৩০০ চনৰ পৰা খ্ৰীষ্টীয় ৩০০ চনৰ ভিতৰৰ৷ এই ভাষাৰ সাহিত্যিক পৰম্পৰা সম্পূৰ্ণ নিজা আৰু ২০০০ বছৰতকৈও অধিক কাল বিস্তৃত।

২) সংস্কৃত (২০০৫): প্ৰাচীন ভাৰতীয় শাস্ত্ৰ বেদ, উপনিষদ, মহাভাৰত, ৰামায়ণ আদিৰ ভাষা হ’ল সংস্কৃত৷ অনেক আধুনিক ভাৰতীয় ভাষাৰ ওপৰত এই ভাষাৰ প্ৰভাৱ সুস্পষ্ট৷ তদুপৰি দক্ষিণ-পূব এছিয়াৰ সংস্কৃতিতো সংস্কৃতৰ প্ৰভাৱ দেখা যায়৷ এই ভাষা আজিও হিন্দুধৰ্মীয় কাৰ্য্য, গৱেষণামূলক কাৰ্য্য আৰু যোগ-অভ্যাসৰ নামকৰণত ব্যৱহাৰ কৰা হয়৷

৩) কান্নাড়া (২০০৮): ৪৫০ খ্ৰীষ্টাব্দৰ হলমডি লিপি কান্নাড়াৰ প্ৰাচীনতম লিখিত সমল৷ নৱম শতিকাৰ কৱিৰাজ মাৰ্গৰ দৰে সাহিত্যিক পৰম্পৰা আজিও উজ্জ্বল৷

৪) তেলুগু (২০০৮) : খ্ৰীষ্টপূৰ্ব ৪০০- ১০০ চনৰ ভিতৰৰ ভট্টিপ্ৰলু লিপি আটাইতকৈ প্ৰাচীন তেলুগু লিপি৷ বিজয়নগৰ সাম্ৰাজ্যৰ অধীনত এই ভাষা ঠন ধৰি উঠে৷

৫) মালায়ালাম (২০১৩) : এই ভাষা মূলত তামিল আৰু সংস্কৃতৰপৰা উদ্ভৱ হোৱা; নৱম শতিকাৰ ভিতৰত মালায়ালাম ভাষা ঠন ধৰি উঠে৷ দ্বাদশ- ত্ৰয়োদশ শতিকাৰ ‘ৰামচৰিতম’ এই ভাষাৰ প্ৰাচীন সম্পদ৷

৬) উড়িয়া (২০১৪) : আটাইতকৈ পুৰণি উড়িয়া শিলালিপি দশম- একাদশ শতিকাৰ; পঞ্চদশ শতিকাৰ সৰলা দাসৰ মহাভাৰত অতি উল্লেখযোগ্য সাহিত্য সম্পদ৷

পৰবৰ্তী এটা দশকত কেইবাটাও ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্য্যাদাৰ বাবে প্ৰযত্ন কৰে যদিও সকলোৰে বাবে আছিল ই আছিল এক উৎকণ্ঠাজনক দশক, কাৰণ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে কোনো ভাষাকে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া নাছিল৷ অৱশেষত আহিল ২০২৪ চনৰ অক্টোবৰ মাহৰ ৩ তাৰিখ৷ ভাৰত চৰকাৰৰ সাস্কৃতিক মন্ত্ৰালয়ে একে সময়তে পাঁচটাকৈ ভাষাক ধ্ৰুপদী ভাষাৰ মান্যতা প্ৰদান কৰে৷ এই ভাষাকেইটা হ’ল মাৰাঠী, পালী, প্ৰাকৃত, বাংলা আৰু আমাৰ প্ৰাণৰো আপোন অসমীয়া৷ ফলত বহুভাষী ভাৰতৰ এঘাৰটা ভাষা ধ্ৰুপদী ভাষা বুলি স্বীকৃত হ’ল৷ ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত প্ৰথমে ১৪-টা ভাষাক স্বীকৃতি দিয়া হৈছিল; পালী, প্ৰাকৃত এই তালিকাত নাছিল৷ পাছত আন ৮-টা ভাষা এই অনুসূচীত অন্তৰ্ভুক্ত কৰা হ’ল৷ বৰ্তমানলৈকে প্ৰথমতে অন্তৰ্ভুক্ত কৰা ৯-টা ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে; হিন্দী, পঞ্জাৱী, কশ্মিৰী, গুজৰাটী আৰু উৰ্দুৱে এতিয়ালৈকে এই স্বীকৃতি পোৱা নাই৷ পৰবৰ্তী কালত অন্তৰ্ভুক্ত কৰা ৮-টা ভাষাৰ কোনো এটাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা নাই৷ সেইকেইটা ভাষা হ’ল: বড়ো, ডোগ্ৰী, কোনকানী, মণিপুৰী, মৈঠীলী, নেপালী, সণ্ঠালী, সিন্ধী৷ পালী আৰু প্ৰাকৃত এই অনুসূচীত নাই যদিও এই দুই ভাষাৰ প্ৰাচীনতা আৰু কেবাটাও ভাৰতীয় ভাষাৰ উদ্ভৱ আৰু বিকাশত থকা প্ৰভাৱৰ বাবে বিশেষভাৱে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া হৈছে৷

২০২৪ চনৰ অক্টোবৰ মাহৰ ৩ তাৰিখৰ ঘোষণাত অসমীয়া ভাষাৰ বিষয়ে কোৱা হৈছে এইদৰে:

সকলোতকৈ প্ৰথম অৱস্থাৰ প্ৰাক- আধুনিক অসমীয়া লিপি পোৱা যায় বৌদ্ধধৰ্মীয় সিদ্ধাচাৰ্য্যসকলে ৰচনা কৰা চৰ্য্যাপদসমূহত, যাৰ ৰচনাকাল অষ্টম আৰু দ্বাদশ শতিকাৰ ভিতৰৰ৷ চৰ্য্যাপদসমূহৰ অসমীয়া আৰু মগধীয় ভাষাসমূহৰ লগত নিবীড় সম্পৰ্ক আছে; ই কেবাটাও ভাৰতীয় ভাষাৰ বিবৰ্তনৰ স্তৰ নিৰ্ণয়ত সহায় কৰে৷ চৰ্য্যাপদত ব্যৱহৃত শব্দৰাজিত অনেক শব্দ সম্পূৰ্ণৰূপে অসমীয়া৷ তদুপৰি ধ্বনিবিজ্ঞান আৰু শব্দবিন্যাসৰ দৃষ্টিৰে এই শব্দভাণ্ডাৰ একেবাৰে অসমীয়া; ইয়াৰে অনেক শব্দ বৰ্তমানলৈকে বৰ্তি আছে৷

অসমীয়া ভাষা-সাহিত্যৰ বুৰঞ্জী পাঁচটা কালত বিভক্ত কৰিব পাৰি:

(ক) গঠনশীল স্তৰ (৮০০- ১৩০০ খ্ৰীষ্টাব্দ) : এই কালচোৱাত পোৱা যায় বৌদ্ধধৰ্মীয় চৰ্য্যাপদ আৰু সংস্কৃতত ৰচিত শ্ৰীকৃষ্ণ কীৰ্ত্তন৷

(খ) প্ৰাক- বৈষ্ণৱ সাহিত্য (১৩০০- ১৫৫০ খ্ৰীষ্টাব্দ): এই কালচোৱাৰ সাহিত্যৰাজিত আছে হেম সৰস্বতী, মাধৱ কন্দলী, হৰিহৰ বিপ্ৰ, কৱিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলীৰ সাহিত্য ৰচনা৷

(গ) সংস্কাৰ বা বৈষ্ণৱ সাহিত্যৰ যুগ (১৫৫০- ১৬৫০ খ্ৰীষ্টাব্দ) : এই কালচোৱাত অসমীয়া ভাষা সম্পূৰ্ণৰূপে সুকীয়া ভাষা হিচাপে বিকশিত হয়৷

(ঘ) শ্ৰীমন্ত শঙ্কৰদেৱৰ উত্তৰ কাল (১৬৫০- ১৮৫০ খ্ৰীষ্টাব্দ) : এই সময়চোৱাত অসমীয়া ভাষাত বুৰঞ্জী, চৰিতপুথি আদি লিখা হয় তথা আধুনিক অসমীয়া সাহিত্যৰ ৰচনা আৰম্ভ হয়৷

(ঙ) আধুনিক যুগ (১৮৩০ খ্ৰীষ্টাব্দৰপৰা আগলৈ): এই কালচোৱাত প্ৰথমে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ উদ্যোগত অসমীয়া ভাষাত বিভিন্ন সাহিত্য ৰচনাৰ জোঁৱাৰ উঠে৷ ইয়াৰ পাছত অনেক মনিষীৰ প্ৰচেষ্টাত এক সুসংঘবদ্ধ অসমীয়া ভাষা গঢ় লৈ উঠে৷ এই কালচোৱাতে অসমীয়া ভাষাত নতুন-নতুন ধাৰা, যেনে নাটক, উপন্যাস আদিয়ে ঠাই পায়৷ এই কালচোৱাত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু জোনাকী যুগৰ সাহিত্যৰ সৃষ্টি হয় যাৰ ফলত অসমীয়া ভাষাৰ আমূল বিবৰ্তন আৰম্ভ হয় যি বৰ্তমানলৈকে চলি আছে৷

ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰত ভাষিক জনগোষ্ঠীৰ কৰণীয় : কোনো এটা ভাষাই ধ্ৰুপদী মৰ্য্যাদা পোৱাৰ লগে লগে ভাষিক জনগোষ্ঠীটোৰ ওপৰত কিছু দায়িত্ব আহি পৰে৷ আমি অসমীয়া ভাষাক কেন্দ্ৰ কৰিয়েই এই দায়িত্ব/কৰণীয়সমূহ আলোচনা কৰিম৷ সাধাৰণতে প্ৰতিটো ভাষাৰ ক্ষেত্ৰতে এই কৰণীয়সমূহ প্ৰায় সমতুল্য যদিও কোনো কোনো ভাষাৰ ক্ষেত্ৰত কিছু হীনডেঢ়ি হ’ব পাৰে৷

গৱেষণা : ভাষাতত্ত্ববিদ আৰু ভাষাৰ উচ্চ শ্ৰেণীৰ ছাত্ৰসকলে ধ্ৰুপদী ভাষাৰ গৱেষণাৰ জৰিয়তে ভাষাটোৰ বিষয়ে সকলো তথ্য বিচাৰি বিশ্বৰ সমুখলৈ আনিবলৈ তৎপৰ হ’ব লাগে৷ যিহেতু এই ক্ষেত্ৰত চৰকাৰী অনুদানো পোৱা যায়, সেয়ে বিশ্ববিদ্যালয়সমূহে এই কামত অগ্ৰণী ভূমিকা ল’ব পাৰে৷

প্ৰচাৰ আৰু প্ৰসাৰ : ধ্ৰুপদী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ এক গুৰু দায়িত্ব৷ এই কামত চৰকাৰ, জাতীয় সংগঠন আৰু বিশ্ববিদ্যালয়, আদি সকলোৱে একগোট হৈ সুচিন্তিত আঁচনিৰ জৰিয়তে আগবাঢ়িলেহে উদ্দেশ্য সাধন হ’ব৷

ইণ্টাৰনেট/ ইউনিকোডত ভাষাৰ চিনাকি আৰু বিস্তাৰ : আজিৰ যুগ হ’ল তথ্য- প্ৰযুক্তিৰ যুগ৷ একোটা ভাষাৰ যিমান সমল ইণ্টাৰনেটত উপলব্ধ, সিমানেই ভাষাটো বিশ্বজনীনতাৰ ফালে অগ্ৰসৰ হয়৷ এই ক্ষেত্ৰত ইউনিকোডৰ বৰঙনি সৰ্বাধিক৷ এই কোডত স্বীকৃত চিহ্নসমূহৰ ভিত্তিত তৈয়াৰ কৰা ছফ্টৱেৰত আধাৰিত কম্পিউটাৰ আৰু মোবাইলৰ লিপি ব্যৱহাৰ কৰি ইণ্টাৰনেটত দিলেহে ইউনিকোডে গ্ৰহণ কৰিব পাৰে৷ সেয়ে এনে ছফ্টৱেৰ নিৰ্মাণে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কোনো ভাষাত যদি এনে ছফ্টৱেৰ অভাব হয় তেন্তে ই ইউনিকোডত গ্ৰাহ্য নহয়৷ ফলত ভাষাটোৰ প্ৰসাৰ পিছ পৰি ৰয়৷ অসমীয়াৰ ক্ষেত্ৰত এই পৰিস্থিতি দেখা যায়৷ এনেকি অসমীয়া বাতৰিকাকতৰ ই-সংস্কৰণৰ বাবেও এনে ছফ্টৱেৰ ব্যৱহাৰ কৰা নহয়৷ ফলত আজিও ইউনিকোডত অসমীয়াই সুকীয়া স্থান পোৱা নাই৷ এই সমস্যা আন ভাষাৰ ক্ষেত্ৰতো থাকিব পাৰে৷ সেয়ে চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ সহযোগত অতি শীঘ্ৰেই এনে ছফ্টৱেৰ তৈয়াৰ কৰি ভাষাটোৱে ইণ্টাৰনেটৰ জগতত বলিষ্ঠ খোজ দিলেহে ভাষাটো প্ৰকৃতপক্ষে জগত সভাত জিলিকিব৷ অসমীয়াৰ বাবে আমি তেতিয়াহে  ৰূপকোঁৱৰৰ দৰে ক’ব পাৰিম--

কামৰূপা মোৰ
      সুৱদিসুৰীয়া
            অসমীয়া ভাষা
                 জগত-সভালৈ যাব,
উজ্জ্বল
      সুজ্জ্বল
            কহিনুৰ পিন্ধি
                  হাঁহি জ্যোতিৰূপা হ’ব ৷

অঙ্গন: পৃষ্ঠাঃ 10
বিশ্বাসে মিলয় হৰি ?

নীলমণি নেওগ 

বৰ্তমান সময়ত ভগৱান বিশ্বাসৰ প্ৰয়োজনীয়তা কিমান ?
সমাজ এখন সুপৰিচালিত হ'বলৈ হ'লে, সময়ে সময়ে কিছূমান প্ৰশ্নৰ অৱতাৰণা কৰাৰ খুবেই প্ৰয়োজন । যেনেদৰে সমস্যাৰ সম্মুখীন নোহোৱালৈকে মানুহে কিবা এটা নতুন চিন্তা কৰাৰ উহঃ নাপায়, ঠিক অনুৰূপ ধৰণে প্ৰশ্নবানৰ মুখা-মুখী নহ'লে মানুহে গতানুগতিক জীৱনত নতুনত্বৰ খোৰাক নাপাই একঘেয়ামি হৈ পৰে।

বেদান্ত দৰ্শনত বিশ্বাসী ভাৰত মূলুকত যিদৰে ধৰ্ম বিশ্বাসী মানুহেৰে ভৰ পূৰ হৈ আছে ঠিক তেনেদৰে নাস্তিক পন্থীৰ লোকৰো অভাৱ এই সমাজত ঘটা নাই । কোনে কি ধৰ্ম গ্ৰহণ কৰে বা নকৰে সেই সম্পৰ্কে আমাৰ এই লেখাত আলোচনা নহয়। কিন্তু কথা হ'ল আমি বিশ্বাস কৰা এই অলৌকিক শক্তিক একবিংশ শতিকাত প্ৰাধান্য দিয়াৰ যুক্তি কিমান ?

ভগৱান বিশ্বাসী সমাজ এখনে প্ৰায়বোৰ কথাৰ আৰম্ভণিত আৰু উপায়ান্তৰ হৈ শেষ ভৰসা হিচাপে ভগৱানৰ আশ্ৰয় লয়। নোলোৱাৰ গত্যন্তৰ নায়ো। কিয়নো সকলো ফালৰ পৰা নিৰস্ত্ৰ হ'লে মানুহ অসহায় হয় আৰু তেতিয়াই ভগৱানক স্মৰণ কৰে। কিন্তু প্ৰকৃততে ভগৱানে আমাক আমি ভবাৰ দৰে সহায় কৰিছে নে ? কেইটামান সৰু উদাহৰণেৰে যদি আমি চাও তেতিয়া কথাবোৰ বুজি উঠাত সহায় হ'ব।

সাধাৰণতে পৰীক্ষাৰ আগ মুহূৰ্তত আমি মন্দিৰ, মছজিদ বা যিকোনো উপাসনা স্থানত গৈ ভগৱানক আৰাধনা কৰো, আশাপ্ৰদ সফলতাৰ বাবে । কিন্তু আমি সকলোবোৰেই জানো পৰীক্ষাত উৰ্ত্তীণ হওঁ ?  আৰ্ত জনৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰোঁ কিন্তু তেওঁ জানো আমাৰ প্ৰাৰ্থনাত আৰোগ্য হয়? যদি হ'লহেঁতেন চিকিৎসালয়ৰ প্ৰয়োজনীয়তা বা ক'ত? গোটেই জীৱন হৰি নাম কীৰ্তন কৰি কৰি গৃহস্থক আৰ্শীবাদ দিয়া নামতি জনো দেখোন কেতিয়াবা দুৰাৰোগ্য ৰোগত ভোগে অথবা অমাত হৈ মৃত্যু শয্যাত আৰ্তনাদ কৰে। গোটেই জীৱন ভগৱানক আৰাধনা কৰি থকা ব্যক্তিজনৰ কাষৰ পৰা নিষ্ঠুৰ ভাবে আপোনজনক ভগৱানে কাঢ়ি লৈ যায় । ভগৱানৰ নাম স্মৰণ কৰি অস্ত্ৰোপ্ৰচাৰ কৰা ডাক্তৰজনৰ হাতটো ৰোগীৰ মৃত্যু হোৱা নতুন কথা নহয় ।

ওপৰত উল্লেখ্য দিশসমূহ একো একোটা উদাহৰণহে মাথো। আৰু এনে বহুতো দিশ আছে য'ত আমি ভগৱানক বিশ্বাস কৰিও বাৰে বাৰে থমকি ৰওঁ। ইমানবোৰ দিশ উপস্থাপন কৰাৰ পিছত হয়তো আপুনিও নিজক কৰবাত বিচাৰি পাইছে বিফলতাৰ চাকনৈয়াত। কিন্তু ইমানৰ পাছতো যদি আমি কও বৰ্তমানো ভগৱান বিশ্বাসৰ প্ৰাসংগিকতা আছে। কিন্তু এই বিশ্বাস হ'ব লাগিব আৱেগ পৰিহৰি বিবেকৰ বিশ্বাস, ধৰ্মান্ধতাৰ প্ৰাচীৰ ভাঙি যুক্তিৰ বিশ্বাস, অৱচেতনাৰ নিদ্ৰা ভাঙি চেতনমনৰ বিশ্বাস।

আমি প্ৰায়বোৰ কথাতে ভগৱানৰ সহায় আশা কৰো, কিন্তু আমি নিজে প্ৰকৃততে আশা কৰা কামটোৰ বাবে কিমান ত্যাগ কৰিছোঁ। যদিও কামটোত কষ্ট কৰিছোঁ কিন্তু সঠিক দিশেৰে আমি আগবাঢ়ি গৈছোনে? সেই কথাবোৰ আমি বিশ্লেষণ কৰি চাইছোনে ? আকৌ এটা উদাহৰণ ধৰা হওক- ঘোঁৰাৰ দৌৰ খেল আমি দেখিছোঁ। অশ্বাৰোহী জনে তেওঁৰ ঘোঁৰাটোক উপযুপৰি কোবায় আৰু ঘোঁৰাই কোব খাই চেকুৰে। কিন্তু সি এবাৰলৈও উপলদ্ধি নকৰে যে তাৰ মালিকে তাক জিকাবলৈ কোব দিছে। গতিকে আমিও ঘাট প্ৰতিঘাট পালেই হাৰ মানিব নালাগে, আমি জিকিবলৈ প্ৰথমে নিজেই থিয় হ'ব লাগিব, কোনোবাই কৰি দিব এই মানসিকতাৰ থাকিলে নহ'ব।

ভগৱানক বিশ্বাস কৰাৰ আগত আমি বিশ্বাস কৰিব লাগিব আমাৰ কৰ্মত। নিজৰ দক্ষতা ওপৰত যদি সন্দেহৰ অৱকাশ থাকে আৰু ভগৱানৰ কৃপা দৃষ্টিৰ বাবে ৰৈ থকা হয় তেতিয়া সেই বিশ্বাস অৰ্থহীন । অৰ্থাৎ পৰত আশ, বনত বাসৰ দৰে । নৱ বৈষ্ণৱ ধৰ্মৰ এগৰাকী কাণ্ডাৰী মাধৱ দেৱেও ঘোষাত উল্লেখ কৰিছে--

"কৰ্মত  বিশ্বাস যাৰ, 
        হিয়াত থাকন্ত হৰি, 
              অতিশয় দূৰ হোন্ত, তাৰ।
অৰ্থাৎ যি গৰাকীৰ নিজৰ কৰ্ম কুশলতাৰ ওপৰত সম্পুৰ্ণ দখলৰ আছে তেওঁৰ কাষত হে ভগৱানৰ অস্তিত্ব আছে । 

এতিয়া মূল কথালৈ আহো। আমি প্ৰকৃততে কোনবোৰ কথাত ভগবান বিশ্বাস কৰিলে সু ফল পাম।

১/ প্রতি দিনে ৰাতিপুৱা নিত্যনৈমিতিক কাৰ্যসূচীত ২-৫ মিনিট ধ্যান কৰি অথবা প্ৰাৰ্থনা কৰি ভগৱানক স্মৰণ কৰিব লাগে । এই প্ৰাৰ্থনাৰ পৰা আপোনাৰ কাম্য ভগৱানে পূৰণ কৰিব নে মই নাজনিম। কিন্তু আপুনি যে ধৈৰ্য্যশীল, সঠিক চিন্তা কৰিব পৰা ব্যক্তি হ'ব সেইটো নিশ্চিতঃ।
কৰবাত পঢ়িবলৈ পাইছিলো ' prayer doesn't change the world, it changes the man and man changes the world.' অৰ্থাত প্ৰাৰ্থনাই পৃথিৱীখন সলনি নকৰে, ই মানুহক সলনি কৰে আৰু মানুহে পৃথিৱীখন সলনি কৰে ।

২/ যদি আৰাধ্য দেৱতাক প্ৰাৰ্থনা কৰে, তেতিয়া আপোনাৰ মন শিশু সুলভ হৈ পৰে। আপোনাৰ মানসিকতা মানৱ দৰদি গুণেৰে সমৃদ্ধ হৈ পৰিব।

৩/ প্ৰথমে নিজৰ কৰ্ম বিশ্বাস ৰাখি ভগৱানক বিশ্বাস কৰিলে কৰ্ম কৰাৰ অধিক প্ৰেৰণা পায় আৰু সফলতাৰ বাট মুকলি হয় ।

৪/ আধ্যাত্মিক মানুহে কেতিয়াও অসৎ কাৰ্য কৰাৰ মানসিকতা পুহি ৰাখিব নোৱাৰে ।

৫/ ভগৱান বিশ্বাসী মানুহে জ্যেষ্ঠজনক অনাদৰ অথবা কণিষ্ঠ অৱজ্ঞা কৰিব নোৱাৰে ।

আৰু বহুতো সুক্ষ্ম সূক্ষ্ম উদাহৰণ আছে, যিবোৰত আপুনি ভগৱানৰ পৰা আশাপ্ৰদ কামনা সিদ্ধি কৰিব নোৱাৰে। কিন্তু পৰোক্ষভাবে আপোনাক এই বিশ্বাসে অধিক শক্তিশালী আৰু কৰ্তব্যবোধ সম্পন্ন ব্যক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে।

গতিকে এই বিশ্বাসৰ ধাৰা অক্ষুণ্ণ ৰখা প্ৰয়োজন, আপুনি প্ৰাৰ্থনা কৰি, ভগৱান বিশ্বাস কৰি এই ব্ৰহ্মাণ্ডত প্ৰাকৃতিকভাবে চলি থকা ঘটনা এটা নোহোৱা কৰিব কেতিয়াও নোৱাৰে । কিন্তু এই বিশ্বাসে যে আপোনাক নিষ্ঠাবান, আদৰ্শ আৰু দৃঢ় মনোভাৱৰ ব্যক্তিলৈ ৰূপান্তৰ কৰিব সেয়া ধূৰূপ। ভগৱানে নিজেই এই ব্ৰহ্মাণ্ডত বহুতো কঠিন সমস্যাৰ মুখামুখি হৈছে। মহাদেৱ নিজেই শক্তিৰ উৰ্দ্ধত হৈ নিজৰ প্ৰাণ প্ৰিয়া সতীক হেৰুৱাইছে, কৃষ্ণই ৰাধাক হেৰুৱাইছে, শ্ৰীৰামচন্দ্ৰই বনবাস খাটিবলগীয়া হৈছে, যীশু খ্ৰীষ্টই ক্ৰুচবিদ্ধ হৈছে। গতিকে নিজৰ সূক্ষ্ম সূক্ষ্ম বিষাদৰ বাবে ভগৱানক দোষাৰোপ কৰাৰ যুক্তি ক'ত ? সেয়ে যিমান সীমাবদ্ধতালৈকে পাৰি সিমান লৈকে ভগৱান বিশ্বাস ৰাখি আমি কৰ্ম কৰিলে আগুৱাই যোৱাৰ লগতে এই বিশ্বাসৰ অটুট ৰখাত সহায় হ'ব ।

ঠিকনা :                                            ️ 
সহ: শিক্ষক, নকাৰি মজলীয়া বিদ্যালয়, ডিব্ৰুগড়।

অঙ্গন: পৃষ্ঠাঃ 11
মাথো ধৈৰ্য ধৰক

কুঞ্জলতা দাস

ধৈৰ্যৰ ফল মিঠা বুলি সৰুৰে পৰাই শুনি আহিছোঁ, বহুক্ষেত্ৰত দেখি আহিছোঁ আৰু মানিও আহিছোঁ৷ অৱশ্যে নিজৰ ক্ষেত্ৰত প্ৰযোজ্য হ’লেহে আমি এইকথা মানিবলৈ ভাল পাওঁ৷ আচলতে মানুহে যেতিয়া যি পৰিস্থিতিৰ সন্মুখীন হয়, তেতিয়াহে সেই পৰিস্থিতি অনুধাৱন কৰিব পাৰে৷ দেখি-শুনি তাক এশ শতাংশই হৃদয়ংগম কৰাটো বা অনুভৱ কৰাটো সহজ নহয়৷ আৰু এটা কথা মানুহে সদায় নিজৰ কৃতকাৰ্যতাৰ কাহিনীহে ক’বলৈ ভাল পায়, অকৃতকাৰ্যতাৰ কাহিনী কোনেও ক’বলৈ নিবিচাৰে৷ অকৃতকাৰ্যতাৰ কাহিনীও ক’ব মানুহে, যদিহে একেবাৰে শেষত বা কেবাবাৰো অকৃতকাৰ্য হোৱাৰ পিছত সি কৃতকাৰ্যতা লৈ আহে৷ আন এটা কথা হৈছে, মানুহে অতি সহজতে লাভ কৰা কৃতকাৰ্যতাতকৈ বা নিষ্কণ্টক সংগ্ৰাম বা সংঘৰ্ষৰ জৰিয়তে লাভ কৰা কৃতকাৰ্যতাৰ কথা ক’বলৈ বেছি ভাল পায়৷ এই সকলোবোৰ কৃতকাৰ্যতাৰ কাহিনীয়ে আমাক অতিকৈ অণুপ্ৰাণিত কৰে৷ আমাৰ নিজৰ ক্ষেত্ৰতো তেনে সংগ্ৰাম বা দুখ কষ্ট হাঁহিমুখে গ্ৰহণ কৰি সফলতাৰ বাটত খোজ দিবলৈ আমি অনুপ্ৰাণিত হওঁ৷ কথা হ’ল, আমাৰ জীৱনলৈ এনেকুৱা কিছুমান সময় আহে, যেতিয়া বিভিন্ন সমস্যাই চাৰিওফালৰ পৰা দৈত্যৰ নিচিনাকৈ হাতোঁৰা মেলি আমাক খেদি আহে৷ এনে লাগে যেন আমাৰ ডিঙি চেপি ধৰিব, আমাৰ উশাহ বন্ধ হৈ যাব, আমাক ফালি-চিৰি নেফা-নেফ কৰিব, ধুমুহা হৈ আমাক উৰুৱাই নি ক’ৰবাৰ অচিন-অজান ঠাইত, হাবিয়ে জংগলে পেলাই দিব/ আপোনাৰ ক্ষেত্ৰত এনে হ’লে আপুনি কি কৰিব? ৰ’ব, ধৈৰ্য নেহেৰুৱাব৷ জীৱনত এনে কোনোবা ধুমুহা দেখিছে নেকি যি কেতিয়াও শেষ হোৱা নাই? ধুমুহাৰ তাণ্ডব শেষ হৈ যোৱাৰ লগে লগে মনটো কিমান ভাল লাগে, কিমান আশা জাগে, কিমান শান্তি পোৱা যায় এবাৰ মনত পেলাই চাওঁকচোন/ এই যে ধুমুহাই আমাৰ ঘৰখন, বাৰীখন তচনচ কৰি থৈ গ’ল, সেইটো এক মুহূৰ্তৰ কাৰণে মনৰ পৰা আঁতৰাই দি দীঘলকৈ এবাৰ উশাহ লওক৷ আঃ, ধুমুহা আঁতৰি গ’ল/ বাকী ঘৰখন, বাৰীখন যদি আমি মেৰামতি কৰি ল’বই নোৱাৰোঁ বা মেৰামতি হোৱালৈ অপেক্ষা কৰিবই নোৱাৰোঁ, তেনেহ’লে মানৱ জীৱন ধৰাৰ সকামেই বা কি আছে? মনত ৰাখিব, ধুমুহাই কিবা নহয় কিবা এৰি যায়৷ আমি নতুনকৈ আৰম্ভ কৰিব লগা প্ৰায়ে নহয়, মেৰামতি কৰাৰহে প্ৰয়োজন হয়৷ এই যে ওপৰত ক’লোঁ, সমস্যাই টেটু চেপি ধৰাৰ কথা৷ ধৰক আপোনাক খঙত কোনোবাই বহুত জোৰেৰ টেটুত চেপি ধৰিছে আৰু আপুনি নিজক বচাবলৈ প্ৰাণপণ চেষ্টা কৰিছে৷ যি মুহূৰ্ততে আপুনি মানুহজনৰ হাত দুখন এৰুৱাবলৈ সক্ষম হৈছে, সেই মুহূৰ্ততে হয়তো আপুনি মনে মনে ভগৱানক ধন্যবাদ দিছে৷ আপুনি কোৱা নাই, ‘ভগৱান, তুমি মানুহজনক মোৰ টেটুত চেপি ধৰিবলৈ কিয় দিলা?’ সেই মুহূৰ্তত আপোনাৰ জীৱনটো যে বাচিল, সেইটোৱেই আপোনাৰ বাবে চৰম সুখৰ, চৰম শান্তিৰ কথা৷ কাৰণ, সেই সময়ত আপুনি বহুত কষ্ট পাই আছিল৷ তথাপিও আপুনি ভবা নাছিল, যদি আপুনি তেওঁৰ কবলৰ পৰা বাচিব নোৱাৰেই যদি কষ্টৰ পৰা ৰেহাই পাবলৈ লগে লগে মৰি যোৱাই ভাল৷ তেওঁৰ পৰা মুক্ত হ’ব পাৰিলেও আপোনাৰ ডিঙিটোৱে বা কিমান কষ্ট পাই থাকে বা বিষাই থাকে সেইটোও আপুনি ভবা নাছিল৷ কাৰণ আপুনি আপোনাৰ তৎকালীন সমস্যাটোৰ পৰা ৰেহাই পাব লাগে, আপোনাৰ মাত্ৰ সেয়াই লক্ষ্য৷ আপোনাৰ জীয়াই থকাৰ ইচ্ছা সেই মুহূৰ্তত অতি প্ৰৱল৷ পৰিৱেশত বৰ্তি থকাৰ অৰ্থাৎ চাৰভাইভ কৰাৰ প্ৰবল ইচ্ছাই আপোনাক যিকোনো প্ৰকাৰে তেওঁৰ লগত যুদ্ধ কৰিবলৈ অনুপ্ৰাণিত কৰিলে৷ তেনেদৰে, সমস্যাবোৰেও যদি আপোনাক চাৰিওফালৰ পৰা হেঁচি ধৰে আৰু আপুনি উশাহ নোপোৱা হয়, তেনেহ’লে আপুনি তাৰ লগত যুদ্ধ কৰিব লাগিব, ভীষণ যুদ্ধ৷ আপুনি এৰি দিব নোৱাৰে, জিৰণি ল’ব নোৱাৰে, তেতিয়ালৈকে, যেতিয়ালৈকে ই আপোনাক এৰি নিদিয়ে আৰু আপুনি উশাহ ল’ব পৰা হয়৷ তাকে নকৰি সমস্যাৰ হাতোৰা দেখি দৌৰি পলাব খুজিলে সি নতুনকৈ শক্তিমন্ত হৈ খেদি খেদি আপোনাক কাবু কৰি পেলাব৷

সমস্যা দেখি পলোৱাৰ মানসিকতা মোৰো এসময়ত হৈছিল৷ এনেকুৱা ভাব হৈছিল, মই জীয়াই থাকিলে মোৰেই কিবা লাভ হ’বনে, এই পৃথিৱীৰেই লাভ হ’ব/ হতাশাৰ মাজতো ধৈৰ্য ধৰিলোঁ৷ বহু বছৰ লাগিল নিজৰ উপযোগিতা, সক্ষমতা বুজি উঠিবলৈ৷ এতিয়া বুজি উঠিছোঁ যে বেমাৰে একো নকৰিলে অন্ততঃ খাই বৈ জীয়াই থাকিব পৰা সক্ষমতাখিনি মোৰ আছে৷ অচলতে সময় আটাইতকৈ ডাঙৰ শিক্ষক/ আপুনি কোনো প্ৰচেষ্টা নকৰাকৈ, আপোনাৰ অজ্ঞাতে বহুত ডাঙৰ, মহান আৰু মূল্যবান শিক্ষা সময়ে দি যায়৷ আচলতে সেই সময়ত মই কি বিচাৰো, কি হে মোক সুখী কৰিব পাৰে সেই বিষয়ে হয়তো কোনো ধাৰণা নাছিল, হয়তো বা আকাংক্ষাবোৰ বহুত বেছি আছিল আৰু সেই আকাংক্ষাবোৰ পূৰণ নহ’ব বুলি অনাহক শংকা কৰিছিলোঁ৷ এতিয়া দেখিছো সেইবোৰ কিছু পৰিমাণে হ’লেও পূৰণ হৈছে৷ নিজৰ ভাল লগা কামবোৰ কৰিবলৈ যত্ন কৰিছোঁ৷ খ্যাতি নাপালেও সন্তুষ্টি পাইছোঁ৷

সেয়ে কৈছোঁ, মাথো ধৈৰ্য ধৰক৷ যুঁজক, তেতিয়ালৈকে, যেতিয়ালৈকে কঠিন সময়খিনি পাৰ হৈ নাযায়/ শুই নিদিব, জিৰণি নল’ব, নপলাব/ দেখিব, আপুনি এশ শতাংশ সফল নহ’লেও সুখী হৈছে৷।

অঙ্গন: পৃষ্ঠাঃ 12
শিশুৰ অধিকাৰ আৰু
সুৰক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা

প্ৰিয়ম ৰাগিনী

শিশুৰ অধিকাৰ সুৰক্ষিত আৰু লালন-পালনৰ ক্ষেত্ৰত পৰিয়ালে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।সমাজৰ প্ৰাথমিক একক হিচাপে পৰিয়ালে শিশুৰ ক্ষেত্ৰত অধিকাৰৰ নিৰাপত্তা দিব পাৰে।শিশুসকল হৈছে দেশৰ ধৰণীস্বৰূপ।শিশুক এখন সুন্দৰ,সুস্থ,সৱল জগত তৈয়াৰ কৰি দিয়াটো আমাৰ প্ৰধান কৰ্তব্য।শিশুসকলৰ মনবোৰ পৱিত্ৰতাৰে পৰিপূৰ্ণ হৈ থাকে।নিৰ্মল আৱহাৱা,পৃথিৱীৰ অন্যান্য চিন্তা ভাৱনাৰ পৰা দূৰৈত অৱস্থান কৰি থকা শিশুসকলৰ এখন নিজস্ব মনোজগত থাকে।এখন ঘৰত লহপহকৈ বাঢ়ি অহা শিশুৱে  বাহিৰৰ জগতৰ আওভাও নাপায়।সৰল আৰু পৱিত্ৰ মনেৰে নিজৰ মনোজগতত বিভোৰ থকা শিশুসকলক পৰিয়ালে কিদৰে সুৰক্ষা দি নিজ নিজ জীৱনত সফলতাৰে আগুৱাই যাবলৈ সুবিধা কৰি দিব পাৰে তাৰ বাবে  পৰিয়ালৰ কৰ্তব্য আছে ।শিশুৰ বাবে ঘৰখন হৈছে কঠীয়াতলি। লহপহকৈ কঠীয়াতলিত কঠীয়া বাঢ়ি অহাৰ দৰে শিশুসকলো ঘৰখনত লৱৰি ঢাপৰি সুনিশ্চিত নিৰাপত্তাৰে ডাঙৰ-দীঘল হয়। শিশুৰ বাবে ঘৰখনেই সুৰক্ষাৰে আৱৰি ৰখা প্ৰথম আৱেষ্টনি।পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক একক।প্ৰাথমিক একক হিচাপে পৰিয়ালে শিশুৰ মংগল,সুৰক্ষা আৰু সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰথম প্ৰতিৰক্ষক হিচাপে থিয় দিয়া দেখা যায়।এই সুৰক্ষাৰ ভিতৰত পৰিচৰ্যা তথা লালন পালন ,মৌলিক প্ৰয়োজনীয়তা,আৱেগিক সমৰ্থন,শিক্ষাৰ পৰা নিৰ্যাতনৰ সুৰক্ষা ইত্যাদি বহুতো কথা সামৰি লয়। শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ সমৰ্থন আটাইতকৈ প্ৰয়োজনীয়।
          শিশু এটি ঘৰ এখনত জন্ম দিয়াতেই পৰিয়ালৰ কৰ্তব্য শেষ বুলি ভৱাটো মুঠেও উচিত নহয়।শিশু এটিৰ সৰ্বাংগীন মংগল হ'বৰ বাবে উপযুক্ত পৰিমাণে খাদ্যৰ যোগান ধৰাটো পৰিয়ালৰ কৰ্তব্য।কেৱল খাদ্যই নহয়।উপযুক্ত তথা সুন্দৰ পৰৱেশত সাজপাৰ সুন্দৰকৈ যোগান ধৰাটোও পৰিয়ালৰ কৰ্তব্য।শিশুৰ এইয়া মৌলিক অধিকাৰৰ ভিতৰুৱা কথা।শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পৰিয়ালে দৃষ্টি দি উপযুক্ত খাদ্য, বাসস্থানৰ যোগান ধৰাটো পৰিয়ালৰ কৰ্তব্য।শিশুৰ বাঢ়ন কালত যদি খাদ্যৰ যোগান ধৰা নাযায় তেনেহ'লে  শিশুটি নিশকতীয়া হৈ পৰিব।নিশকতীয়া শিশু এটি মানসিকভাৱে সৱল হৈ উঠাত সমস্যাৰ সৃষ্টি হ'ব।সেয়ে পৰিয়ালে এইক্ষেত্ৰত গুৰুত্ব দিব লাগিব।স্বাস্থ্য ভালে থাকিলেহে শিশু এটি সুস্থ সৱল হৈ পৰিব আৰু ভৱিষ্যতে সি নিৰোগী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিব।কেৱল খাদ্যৰ যোগানেই নহয়।শিশুৰ স্বাস্থ্য বিধি অনুসৰণ কৰি জন্মৰপৰা শিশুৰ লবলগীয়া সাৱধানতা,শিশুৰ টিকাকৰণ,স্বাস্থ্য পৰীক্ষা,সময়মতে খাদ্যৰ যোগান,গা পা ধুওৱাৰ পৰা সুন্দৰ বস্ত্ৰ পৰিধান কৰোৱালৈকে পৰিয়ালৰ সদস্যৰ কৰ্তব্য।শিশুসকলক আনন্দত ৰখাৰ বাবে আন্তৰিকতাপূৰ্ণ মনোৰঞ্জন বৰ দৰকাৰী।লাহে লাহে শিশু বাঢ়ি অহাৰ পাছত বিদ্যালয়ৰ আনুষ্ঠানিকতাৰ বাবে শিশুক সাজু কৰি তোলা হয়।শিশুৱে পোন প্ৰথমেই গৈ যাতে বিদ্যালয়ত অসুবিধা নাপায় তাৰ বাবে পৰিয়াল তথা ঘৰতে মানসিকভাৱে সাজু কৰি তোলা হয়।আন মানুহৰ লগত সহজবোধত যাতে কথাবাৰ্তা হ'ব পাৰে তাৰ বাবেও পৰিয়ালৰ লোকে শিশুক গঢ়ি  তুলিব লাগে।শিশুৰ মগজুৰ ক্ষীপ্ৰতাৰ বিকাশৰ বাবে পৰিয়ালৰ সদস্যই সহযোগ কৰিব লাগে।শিশু এটা তজবজীয়া হলেহে পৰিৱেশত খাপ খাই পৰিব।নিশকতীয়া তথা লাজকুৰীয়া শিশুৱে ভৱিষ্যতে পৰিৱেশৰ লগত সহজ হ'ব নোৱাৰি সমস্যাৰ সৃষ্টি হ'ব।শিশুসকলক সদায় ভৱিষ্যতে নিজে মুৰ দাঙি থিয় হ'বৰ বাবেহে পৰিয়ালৰ লোকে যত্ন কৰাব লাগে।বহু অভিভাৱক তথা পৰিয়ালত দেখা যায় যে 'আমাৰ ই এনে নহয়।বৰ বেছি কথা নকয় বা কথা কৈ বেয়া পায় 'বুলি কৈ যশস্যা কৰিব খোজে।আচলতে এনে হ'ব নালাগে বা সন্তানক মুখৰ আগত ৰাখি তেনে মন্তব্য ৰাখিব নালাগে।এনেধৰণৰ মন্তব্যই শিশুৰ মনত ক্ৰিয়া কৰে।ভাৱে যে 'মই এনেধৰণৰ মানসিকতাৰ হলেহে ভাল চাগৈ বুলি'।কিন্তু পৰিয়ালৰ লোকসকলে ভবা উচিত যে শিশুসকল বাহিৰৰ জগতখনলৈ ওলাই গ'লে নিজক কিদৰে জগতৰ আওভাওৰ লগত পৰিচয় হ'ব তাৰ বাবে আগতীয়াকৈ শিশুসকলক প্ৰস্তুত কৰি তোলাটোহে যুগুত কাম।সামাজিক ক্ষেত্ৰখনত পোৱা  অসুবিধাখিনিৰ পৰা নিজকে কিদৰে বচাই চলিব পাৰে সেইখিনিৰ বিষয়েও পৰিয়ালৰ মানুহে অৱগত কৰাব লাগে।বহু পৰিয়ালত শিশুসকল অৱহেলিত হয়।সেইক্ষেত্ৰত পৰিয়ালেই যেতিয়া দোষী হয় তেনেক্ষেত্ৰত কৰিবলগীয়া বিশেষ নাথাকে যদিও পৰিয়ালৰ সকলো সদস্য হয়তো বেয়া নহয়।যি দুই এজনে মানসিকভাৱে চাপৰ্ট দিব পাৰে সেই চাপৰ্ট  দি  সহযোগিতা আগবঢ়াব লাগে।এই অৱহেলিত শিশুসকল বেপৰুৱা স্বভাৱৰ হৈ উঠে।গতিকে শিশুৰ পৰিচৰ্যাৰ ক্ষেত্ৰত পৰিয়াল আটাইতকৈ প্ৰয়োজনীয় এক অংশ।শিশুৰ শাৰীৰিক ,মানসিক ,বৌদ্ধিক সকলো ক্ষেত্ৰতে পৰিয়ালে গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।শিশুক যদি নিজ ঘৰখনতে সুৰক্ষা দিয়াত পৰিয়াল ব্যৰ্থ হয় তেনেহ'লে সেই শিশুসন্তানক পৃথিৱীলৈ আহ্বান কৰিবই নালাগে বুলি বিবেচনা কৰাহে উচিত।

অঙ্গন: পৃষ্ঠাঃ 13
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ

(খণ্ড ২২)

সোণালী কেণ্টিনৰ পৰা ওলাই যোৱাৰ পাছত কেণ্টিনত থকা মোৰ ওপৰৰ আৰু তলৰ বেষ্টৰ ছাত্ৰ-ছাত্ৰীয়ে সকলোৱে কিবা নহয় কিবা এষাৰ কৈছে ---তাইক কিয় দুচৰমান নিদিলে , কিয় ইমান সহজভাৱে তাইৰ ব্যৱহাৰক ল'লে , কিয় ইমান অপমান কৰাৰ পাছতো আপুনি তাইক খং নকৰিলে । আমাক কৰিব লাগিছিল এনেকুৱা তাইক ধনীৰ ঢেমাকি দেখুৱাই দিলোঁ হয় । ইমান অহংকাৰী এইজনী । 
উহ্‌ঃ তোমালোক শান্ত হোৱা চোন । ইমানকৈ হুলস্থূল কৰিব লগা কি আছেনো বাৰু ! এবাৰ তোমালোকে কথাটো ভাবা চোন । একপক্ষীয় ভালপোৱা বহু যন্ত্ৰণাদায়ক । আৰু সেই ভালপোৱাই মানুহক অমানুহ কৰি তুলিব পাৰে । যেতিয়ালৈকে আনজনৰ সঁহাৰি নাপায় তেতিয়ালৈ হৃদয়খন বিৰহ , হতাশা , ভয় , দুঃচিন্তাই আগুৰি থাকে আৰু তেতিয়াই মানুহে বিবেক হেৰুৱাই । তাই কাৰোবাক প্ৰাণভৰি ভালপায় আৰু সেই প্ৰেমিকক হেৰুৱাব নিবিচাৰে তাইক ভালপাওক বা নাপাওক তাই যে কাৰোবাক ভাল পায় সেইজনক আনৰ হোৱাটো বা আনক ভালপোৱাটো কেতিয়াও মানি ল'ব নোৱাৰে । তাই একো ভুল কৰা নাই ; কাৰণ এনে কৰাটো স্বাভাৱিক কথা । তাইৰ ঠাইত আমি প্ৰত্যেকে যদি নিজক ঠিয় কৰি চাওঁ তেতিয়া নিশ্চয় বুজিম । খং মোৰো আছে আৰু উঠিছিল কিন্তু মূৰ্খ বা অজ্ঞানীৰ লগত তৰ্ক কৰি নিজক আনৰ আগত মইয়ো যে মূৰ্খ সেই পৰিচয় দিয়াৰ মোৰ ইচ্ছা নাই । এই যে তাইৰ কথাবোৰ শুনি আছিলোঁ কিয় জানানে তাইৰ কথাত যদি মই মাত দিলোহেঁতেন তেতিয়া কাজিয়া হ'লহেঁতেন আৰু তাই ক'ম বুলি ভবা কথাবোৰ ক'বলৈ থাকি গ'লহেঁতেন আৰু তাইও ক'ব নাপালোঁ বুলি জ্বলি থাকিলহেঁতেন তেনে হ'লে তাইৰ মনৰ কথাবোৰ মই বুজি নাপালোহেঁতেন । এইবাবেই মই প্ৰতিবাদ নকৰি মনে মনে থাকিলোঁ এতিয়া নিশ্চয় বুজিছা চাগৈ মই সহি থকাৰ কাৰণ কি ! আৰু এই সহজ ভাবে লৈ সহজ ভাবে ক'লোঁ বুলি তোমালোকে মোক ভাবিছা চাগৈ মই কোনোবাখিনিত দুৰ্বল সেয়ে এনেকৈ ইমান অপমান পাইও তাইক খং নকৰিলোঁ বুলি । আচলতে কথাটো সেইটো নহয় । আচল কথাটো হ'ল---"আবেগৰ অস্ত্ৰ পাততকৈ বিকেকৰ অস্ত্ৰপাত সদায় শক্তিশালী ।" কথাষাৰ তোমালোকে জানি থ'বা । আবেগৰ অস্ত্ৰপাত সদায় দুৰ্বল । সোণালীয়ে আবেগত উটি-ভাহি আছে সেয়ে তাই এনেকৈ কৈছে । চাবা এদিন আজি এই ব্যৱহাৰৰ বাবে নিজেই অনুতপ্ত হ'ব যিদিনা আবেগে নহয় বিবেকে ভাবিবলৈ ল'ব । আৰু যদি কেনেবাকৈ তাইক মই খঙৰ সলনি খঙৰেই উত্তৰ দিলোহেঁতেন পাছলৈ মই লজ্জিত হ'লোহেঁতেন কাৰণ কোনেও নাজানে কাৰ মন কেতিয়া সলনি হয় । কিজানি দুদিন পাছত তাই প্ৰেম সফলেই হয় তেতিয়া মইয়ে লাজত পৰিম অনুতপ্ত হ'ব লাগিব ন সেয়ে মই বিবেকৰ দ্বাৰাহে যিকোনো কাম কৰিব বিচাৰোঁ । মোৰ কথাবোৰ সকলোৱে মোৰ মুখলৈ চাই শুনি আছিল । যেন শ্ৰেণী কোঠাত সৰু ছাত্ৰ-ছাত্ৰীয়ে পাঠহে পঢ়াই আছোঁ । পৰাগে টেবুলৰ ওপৰত হাতখন থৈ গাল এখনত হাতেৰে ভেজা দি একেথৰে মোৰ চকুলৈ চাই আছিল । মোৰ কথাখিনি সকলোৱে বাঃ বাঃ বঢ়িয়া ৰূপা বঢ়িয়া ৰূপা বা বুলি হাত চাপৰি বজালে । সিহঁতৰ কাণ্ড দেখি কি হ'ল মই কোনো বিশাল ৰাজহুৱা সভাত ভাষণ দিয়া নাই নহয় যে এনেকৈ সমৰ্থন কৰিবলৈ ।
মোৰ কথা শুনি নিশাই পৰাগক সুধিলে ---ঐ কেনেবাকৈ ৰূপাক এৰি সোণালীক ভাল নাপাৱটো । এই ক'লে শুনিলি নাই কোনেও নাজানে কাৰ মন কেতিয়া সলনি হয় । তোৰো সলনি হ'ব নেকি আক্‌ !
নিশাৰ কথা শুনি পৰাগে একো ক'বলৈ নাপাওঁতেই মই ক'লোঁ --- জুই কাষত মম থাকিলে গলিবই দেচোন সেইটোনো সুধিব লগা কথা নে ! ঘঁহি থাকিলে শিলো ক্ষয় যায় দে বুলি কৈ আহ আমি যাওঁ সময় হ'ল বুলি লগৰ কেইজনীৰ সৈতে কেণ্টিনৰ পৰা ওলাই আহিলোঁ । 
মোৰ কথা শুনি পৰাগৰ খং উঠিল । আস্‌ !! বেয়া মাতষাৰ মাতি ওচৰতে থকা চিচাৰ গিলাচটো জোৰৰে মুঠি মাৰি দিয়াত গিলাচটো ভাঙি তাৰ হাতখন কাটিলে । ভঙা গিলাচটো জোৰেৰে আৰু টেপা মাৰি ধৰাত হাতৰ পৰা তেজ বৈ আহিল ।তাৰ কাণ্ড দেখি অংকুৰে মোক পৰা চিঞৰিল ৰূপা ৰূপা বুলি ।আমি কেণ্টিৰ পৰা অলপ আঁতৰ পাইছিলোঁহি । মই উভতি চাই সুধিলোঁ কোৱা কি হ'ল ! 
অংকুৰে ক'লে "---এইফালে আহা জল্ডি !!!! কি কৰিলে চোৱাহি !!! 
কি কৰিলে মানে ? কোনে কি কৰিলে ?
 এহ্‌ ! জল্ডি আহা চোৱাহি গম পাবা নহয় । 
কাৰনো কি হ'ল বুলি আমি কেইজনী আকৌ উভতি কেণ্টিনলৈ গ'লোঁ । মই গম পাইছিলোঁ পৰাগে খঙত কিবা কৰিছে । কি হ'ল বুলি ভিতৰলৈ সোমাই গৈ দেখোঁ পৰাগে ভঙা গিলাচৰ টুকুৰাবোৰ মুঠি মাৰি ধৰি আছে আৰু তেজেৰে হাতখন ৰাঙলী । 
কিয় কৰিলা বুলি মই দৌৰি পৰাগ ওচৰ পাই হাতত ধৰি মুঠি খোলা বুলি ক'লোঁ । সি একো নামাতি মোৰ মুখলৈ চাই আছে । ইফালে তেজ জোৰেৰে বৈ ওলাই আহিছে । মই আকৌ এবাৰ ক'লোঁ "--- মই কি কৈছোঁ শুনিছানে নাই ! কিহৰ পাগলামি এইবোৰ । হাতৰ মুঠি খোলা বুলি কৈছোঁ নহয় বুলি কৈ তাৰ হাতখনত ধৰি মুঠিটো খুলিবলৈ চালোঁ ।
পৰাগে ক'লে"--- নুখুলোঁ ; তুমি মোক ভালপোৱা নে নোপোৱা কোৱা ! তেতিয়াহে খুলিম । তুমি মোক আজিও বিশ্বাস কৰা নাই মই তোমাক সঁচাকৈ যে ভালপাওঁ । সেয়ে এনেকৈ কৈ ওলাই গৈছিলা । সঁচা কথা কোৱা তেতিয়াহে খুলিম । নহ'লে এনেকৈ থাকিম ।
পৰাগক সকলোৱে কৈছে তেজ ইমান গৈছে তই খুলি দে ঐ । কাৰো কথা নামানে সি ।
মই বুজিলোঁ ই মোৰ মনৰ কথা জানিবলৈ এনে কৰিছে । মইওতো তাক বহুত ভালপাওঁ কিন্তু কোনোদিনে সেই কথা প্ৰকাশ কৰিব নোৱাৰোঁ । আজি দেখিছোঁ ই মোৰ মনৰ কথা উলিয়াইহে এৰিব । নাই কিবা এটা কৰিব লাগিব । এনেকৈ ধৰা পৰি দিব নোৱাৰোঁ কাৰো আগত মইও যে পৰাগকক ভালপাওঁ বুলি । 
আকৌ এবাৰ মৰমৰে ক'লোঁ "--- প্লিজ ; এনে নকৰিবা না ! খোলাচোন হাতখনৰ মুঠিটো । চোৱা ইমান তেজ ওলাইছে । কিনো সৰু ল'ৰাৰ নিচিনা কৰি আছা বুলি কৈ তাৰ হাতৰ আঙুলি কেইটাৰ মুঠি খুলিবলৈ অলপ টানি আঁজুৰি মই চিঞৰি দিলোঁ আহ্‌ বুলি ! সি ভয় খালে ভঙা গিলাচৰ টুকুৰাই মোকো হাতত কাটিলে বুলি তাৰ হাতৰ তেজ মোৰ হাততো লাগিছিল । আহ্‌ বুলি চিঞৰা লগে লগে কি হ'ল বুলি সি লগে লগে হাতৰ মুঠি খুলিলে । মুঠি খোলাৰ লগে লগে হাতখনৰ ভঙা টুকুৰাবোৰ খহি পৰিল দুটুকুৰা মান হাতৰ তলুৱাত খোচ খাই আছিল । অংকুৰ পানী আনা বুলি কৈ লাগি থকা টুকুৰা কেইটা টানি আঁতৰাই দিলোঁ । মুখৰ ভিতৰতে সি শুনাকৈ ভোৰভোৰাই ক'লো"---দেখিম নহয় সময়ত ইমান মৰম কিমানদিনলৈ জীয়াই থাকে । ভালপোৱাবোৰ কিমান সঁচা ,কিমান মিছা ; কোন বিশ্বাসী ,কোন অবিশ্বাসী সময়ত সকলো গম পাম । এতিয়া মন জুখি লাভ নাই ।" সি একো নামাতি মুখলৈ চাই থাকিল । পানীৰে হাতখন ধুৱাই মোৰ ৰুমালখনেৰে হাতখন ভালকৈ মেৰিয়াই দিলোঁ ।
সি হাঁহি এটা মাৰি নিজৰ হাতখনত ৰুমালখনত চুমা এটা ক'লোঁ"--- উস্‌ঃ কি মিঠা পৰশ । মৰি যাওঁ , মৰি যাওঁ ৰূপাৰে মৰমত । 
ঐ তোমালোকে চোৱা মোক কিমান ভালপায় ! হাতখন কাঁটোতেই কেনেকুৱা কৰিছে চা মই যদি কেনেবাকৈ ম... ৰি যা... কথাষাৰ সম্পূৰ্ণ কৰিবলৈ নাপাওঁতেই তাৰ মুখত হাতখনে সোপা দি ধৰিলোঁ ।
মই নিজক লুকুৱাৰ বাবেই অলপ খং কৰি ক'লোঁ "---চুপ !!! একদম চুপ থাকা । এই কামৰ লগত ভালপোৱাৰ কথা নাহে । তুমি সিদিনা পিকনিকলৈ যোৱাৰ পৰা অহালৈ মোৰ ভৰিৰ চিকিৎসালৈকে যিমান সহায় কৰিলা তাৰ বিনিময়ত কি মই তোমাক অকণমান কিবা এটা কৰিব নোৱাৰোঁ নেকি ! ইমান অগুণকাৰী মই নহয় মনত ৰাখিবা । 
সকলোৱে অবুজ চাৱনিৰে মোলৈ চাই থাকিল ।

ক্ৰমশঃ

অঙ্গন: পৃষ্ঠাঃ 14
অণুগল্পঃ
অন্তৰাত্মাত জাতিসত্ত্বা

অমিয়া দেৱী বৰঠাকুৰ

সপৰিয়ালে একেলগে বহি দূৰদৰ্শনৰ পৰ্দাত বিশ্বকাপ ক্ৰিকেটৰ আৰম্ভণিতে ভাৰতীয় দলে পৰিবেশন কৰা ৰাষ্ট্ৰীয় সংগীতৰ দৃশ্য দেখা পাই পৰিয়ালৰ আটাইকেইজন সদস্যই বহাৰ পৰা উঠি  সন্মান প্ৰদৰ্শন কৰিলে। তেওঁলোকৰ আত্মাৰ জাতিসত্ত্বাই সাৰ পাই উঠাৰ দৰে সমগ্ৰ ভাৰতবাসীৰ জাতিসত্ত্বাবোৰ জাগৃত হোৱাৰ সেয়া আছিল নিশ্চিত সময়। হাজাৰজনে হাজাৰ ক'লেও সেই জাতিসত্ত্বাক অস্বীকাৰ কৰিব নোৱাৰে।

অঙ্গন: পৃষ্ঠাঃ 15
অপ্ৰিয় সত্য
       
মনোৰমা 
           
তোমাক মই বহুদিনৰ পৰা এটা কথা কম কম বুলি কোৱা হোৱা নাই । তুমি মোতকৈ পাচ ছয় বছৰ ডাঙৰ যদিও দুয়ো নলে গলে লগা বন্ধু । এতিয়া দুয়োৰে বয়স ভাটি দিছে । কোনে জানে আমি দুইজনৰ কোনজন আগতে গুচি যাওঁ । সেয়ে তোমাক কৈয়ে যাওঁ । শুনা অনুপম-- যিদিনাৰ পৰা তুমি ঘূৰা মেলা কৰিব নোৱাৰা হ'বা  নতুবা বজাৰ সমাৰ আনি ঘৰত দিব নোৱাৰা হ'বা আৰু বিছনাখনকে তুমি একমাত্ৰ সাৰথি বুলি কৰি ল'বা, সিদিনাৰ পৰা তোমাৰ দুখন ৰুটিৰ পৰিবৰ্তে এখন ৰুটি পাবা ।                         
তুমি জীৱনটো যাৰ বাবে  সকলোখিনি কৰিলা, নিজৰ জীৱনটো ত্যাগ কৰিলা---- তেওঁলোকে  তোমাৰ মৃত্যু সোনকালে হোৱাটো বিচাৰিব । তুমি অখলশৰীয়া হৈ পৰিবা ।  তোমাৰ কথা পাতিবলৈ মন যাব । কিন্তু তোমাৰ  দুৰ্গন্ধময় শৰীৰটোৰ ওচৰলৈ কোনো আহিবলৈ আগ্ৰহী নহ'ব ।                গতিকে জীৱনত অতিৰিক্ত মায়া মোহ কেতিয়াও কৰিব নালাগে । তোমাৰ যিখিনি প্ৰয়োজনীয় সেইখিনিৰ মায়া মোহহে ৰাখা । বুজিলাতো ভাই অনুপম---।

ঠিকনা:
আমেৰিকা, চাৰ্লোট

অঙ্গন: পৃষ্ঠাঃ 16
এক মিনিটৰ গল্পঃ

আহত পৰিচয়

পলাশ শৰ্মা

: এয়া তোমাৰ চাহ। আজি আৰু ক'লৈকো ওলাই যাব নালাগে। মাইনাৰ লগত সময় অলপ দিয়া। মোৰ লেখা এটা আজি সম্পূৰ্ণ কৰিব লাগে।মালাই কথাকেইষাৰ কওঁতে কিবা এটা যেন ক্ষোভত কৈছে, মৃগাংকৰ তেনেকুৱা যেন লাগিল। এটা মাল্টিনেশ্বনেল ক'ম্পেনীৰ এগৰাকী দায়িত্বশীল বিষয়া হিচাপে, অন'বৰতে অফিচৰ কামবোৰ লৈ ব্যস্ত থাকিব লাগে। তাৰ মাজতে সময় অকণ উলিয়াই নিজৰ ৰিফ্ৰেচমেণ্টৰ বাবে সন্ধিয়া ক্লাৱলৈ বুলি অলপ ওলাই যায়। সেয়াটো তাহাঁতৰ অফিচৰ "এডমিনিষ্ট্ৰেটিভ ষ্টাফ"ৰ বাবে এক ষ্টেটাচ চিম্বল। বাকীবোৰ অফিচাৰে নিজৰ নিজৰ পত্নী সকলক লগত লৈ যায়। এটা সময়ত কোনগৰাকী কাৰ পত্নী চিনি পোৱাটো একপ্ৰকাৰৰ কঠিন হৈ পৰে। এই লৈ লগৰবোৰে মৃগাংকক বহুদিন ইনচাল্টো কৰিছে।        
" প্লিজ মালা! খং নকৰিবাছোন। ইমানবোৰ দৰমহা দি ক'ম্পেনী এটাই মোক এপ'ইণ্ট কৰিছে। গতিকে মই সময়টো দিবই লাগিব। এইবোৰ মই যে কৰিছোঁ, কিহৰ বাবে ? ঘৰখনৰ সুখৰ বাবেই নহয় জানো ? মৃগাংকৰ কথাকেইষাৰে মালাক আগতকৈও বেছি আহত‌ কৰি তুলিলে। " কেৱলমাত্ৰ টকা-পইচাৰেই সুখ বিচাৰি পোৱা নাযায় মৃগাংক। সুখ এক আত্মিক অনুভুতি আৰু এই কথাবোৰ মই আগতেই অনুভৱ কৰিছিলোঁ বাবেই, মই তোমাৰ স'তে বিবাহৰ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছিলোঁ। তেতিয়া তুমি কি কৈছিলা ? মোৰ সৃষ্টিশীল মনটোক কেতিয়াও আহত হ'বলৈ নিদিয়া। বিয়াৰ পাছৰ আঠ-দহ দিনমান ঠিকেই গ'ল। তাৰপিছত তোমাৰ অন্তহীন ব্যস্ততা। মই একো কোৱা নাছিলোঁ। দিনবোৰ বাগৰি বছৰ হ'ল। আমাৰ যুগ্ম জীৱনলৈ মাইনা আহিল। মোৰ দায়িত্ববোৰ এটা এটাকৈ বাঢ়ি গ'ল। তুমি আগৰ দৰেই থাকি গ'লা। লাহে লাহে মই মোৰ পৰিচয়টো পাহৰিব ধৰিলো। তোমাৰ পত্নী হৈ থকাটোতেই মোৰ শেষ পৰিচয় নহয় মৃগাংক। তিল-তিলকৈ গঢ়ি তোলা মোৰ এটা নিজস্ব পৰিচয় আছে। গতিকে এইক্ষেত্ৰত কোনোধৰণৰ বাধ্যবাধকতা মই আৰু সহ্য নকৰোঁ। মাইণ্ড ইট্। হঠাৎ আনটো কোঠাৰ পৰা অহা ষোল্ল মহীয়া মাইনাৰ কান্দোন শুনি মালা ডাইনিং ৰূমটোৰ পৰা কোবা-কোবিকৈ ওলাই গ'ল।

ঠিকনা: 
ভ্ৰাম্যভাষ ৭৬৬২৮০২২১০
ই-মেইল _ palashsarma347@gmail.com

অঙ্গন: পৃষ্ঠাঃ 17
জীৱনৰ সবল খোজ

নিৰুপমা ডেকা 

জীৱনে হিচাপ কৰিব শিকোৱা নাই কিমান বিষাদ বা কিমান সুখে ভঁৰাল ভৰালে ৷ জীৱনে সংগ্ৰাম কৰিবলে শিকাইছে দুখবোৰক প্ৰত্যাহ্বান ৰূপে লৈ সুখবোৰক সাগৰত মাণিক বিচৰা দি বিচাৰি ল’বলৈ ৷ মনৰ ভঁৰালৰ গাধৈত ওলোমাই থওঁ সুখৰ হাঁহিবোৰ আৰু সেই একেটা মনৰ ভঁৰালৰ এচুকত লুকুৱাই থওঁ দুখবোৰক কোনেও নেদেখাকৈ ৷ আমি যে মধ্যবিত্ত মগজুৰ সংগ্ৰামী লোক ৷ চকুপানীৰে সহানুভূতি বুটলিবলৈ লাজ পাওঁ, নতুবা আৱেগক গোলাম কৰি কোনোবা বিত্তশালী লোকৰ ওচৰত শৰণাপন্ন হ’বলৈও টান পাওঁ ৷ আমাৰ সম্পদ আত্মসন্মান আৰু হাথিয়াৰ সংগ্ৰাম ৷ তাকে সম্পদৰ দৰে আটোমটোকাৰীকৈ জীৱনটো সজাব পাৰিলেই আমি সুখী জীৱ ৷ আনৰ বাবে হাঁহিৰ নৈ এখন বোৱাই তাতে সকলোকে ওমলাই জীৱনটো পাৰ কৰি দিব পাৰিলেই সুখ ৷ সুখৰ বাবে আমাক বৈভৱ নালাগে ৷ লাগে অলপ মন জুৰুৱা প্ৰশান্তি ৷ সেইখিনি পালেই জোৰদাৰ হৈ পৰে আমাৰ সংগ্ৰাম ৷ 
একে লেথাৰিয়ে গোটৰ মিটিংখনত মনৰ কথাখিনি কৈ নিবেদিতা ৰৈ গ’ল ৷ স্বামীহীন, সংস্থাপনহীন জীৱনটোক গঢ় দি তাই আজি নিজৰ জীৱন সংগ্ৰামখন চলাই আছে একক ভাবে ৷ তাইক দুৰ্বল বুলি ভাবি ৰাতি ৰাতি অতি আপোন মানুহবোৰে দিয়া ঘৃণনীয় প্ৰস্তাৱবোৰৰ ঘাঁডোখৰ মাজে মাজে তাই নিজেই খজুৱাই বিষ পানী উলিয়াই লয় ৷ কষ্ট সহ্য কৰাৰ এয়া তাইৰ প্ৰাকৃতিক উপায় ৷ সমাজ দিনৰ পোহৰত হে সভ্য ৷ ৰাতিৰ অন্ধকাৰত বৰ্বৰ হ’বলৈ মানুহবোৰে সেই প্ৰাচীনতম কলাটোৱেই যথেষ্ট ৷ জীৱনত টকাৰে সুখ কিনিব নোৱাৰি যদিও নিজৰ আত্মসন্মান টকাৰে বচাই ৰাখিব পাৰি ৷ এই কথাৰ উপলব্ধি তাইৰ বাৰুকৈয়ে হ’ল স্বামীক হেৰাৱাই ৷ সেয়ে তাই নিজৰ উদ্দ্যমতে বহু কষ্ট আৰু নিজৰ সকলো সম্পত্তি লগাই এই গোটটো খুলিছে য’ত তাইৰ দৰে অসহায় নাৰীবোৰে আহি স্বাৱলম্বী হৈ আনৰ ওচৰলৈ যাব লগীয়া নহয়, দুৰ্বল হৈ ৷

অঙ্গন: পৃষ্ঠাঃ 18
অনুবাদ কবিতাঃ

বন্ধুত্ব

(মূল হিন্দী- হৰিবংশ ৰায় বচ্চন)

(অনুবাদ-প্ৰাণ কৃষ্ণ গোস্বামী)

মই স্মৰণিকাৰ পাত লুটিয়ালে, 
কোনো কোনো বন্ধুলৈ বহুত মনত পৰে ...
পাৰ হৈ যোৱা কিছু সময়ৰ কথা ভাবিলে
আন বহু বন্ধুলৈ বহুত মনত পৰে ... 
কোনে জানে তেওঁলোকে আজি 
ক’ত কি পৰিৱেশত কৰিছে বসতি।
যেতিয়া কটাওঁ মই বিনিদ্ৰ ৰজনী
কোনো কোনো বন্ধুলৈ বহুত মনত পৰে ...
কিছু কথা আছিল ফুলৰ দৰে
কিছু শব্দ ভৰি আছিল সুগন্ধিৰে
আজি এই বাগিছাত ফুৰোতে টহলি
মনলৈ আহিছে বহু বন্ধুত্বৰ স্মৃতি।
সবাৰে জীৱন সলনি হ’ল 
আজি গঢ় ল’লে নতুন সাঁচত
কোনোবা ব্যস্ত নিজৰ কামত
খেনোক নাই বন্ধুৰ প্ৰয়োজন
সকলো ক’ৰবাত হেৰাই গ’ল
‘তই’ৰ পৰা ‘তুমি’-‘আপুনি’ হ’ল
অতীত জীৱনৰ কথা সুৱঁৰিলে  
পুৰণি বন্ধুলৈ বহুত মনত পৰে। 
নিজৰ গতিত গৈ আছে সময়
এক স্মৃতিগ্ৰন্থহৈ পৰিছে এই জীৱন
কেতিয়াবা কাৰোবাৰ স্মৃতিয়ে দিয়ে বহু দুখ,
কেতিয়াবা সোঁৱৰণৰ গইনাতে জীৱনৰ খোজ।
পাৰত বিচাৰি নাপাবা সমূদ্ৰী মুকুতা
হেৰোৱা পুৰণি বন্ধুকো ঘুৰাই নোপোৱা
হে’ বন্ধুসসকল, 
হাঁহি-মাতি জী লোৱা এই ক্ষণ
পুনৰ উভতি নাহে
বন্ধুত্বৰে ভৰপুৰ অতীত জীৱন

অঙ্গন:  পৃষ্ঠাঃ 19
কবিতাঃ

নিজতে নিখোঁজ

ৰাজেন বৰা 

ঠিক এনেকৈয়ে 
এনেকৈয়ে জীৱন হয় ক্ৰয় বিক্ৰয়
দেহমনৰ ক্ষয় অৱক্ষয়
এন্ধাৰ ফালি জ্যোতিৰ পাখি মেলি মেলি
এন্ধাৰতে ডুব যায় অস্তমিত বেলি
নিগ্ৰহিত কত গ্ৰহ
কত শত নক্ষত্ৰ হয় নিষ্প্ৰভ অন্ধ গহ্বৰ
কোনেও নিবিচাৰে ব্যৱহিত হ’বলৈ পিছে হয় পদে পদে সেয়াই
কোনেও নাপায় নিস্তাৰ
কালৰ কিযে কেৰামতালি কৰৰ
অখবৰ খবৰ হয়
কত খবৰৰ নেথাকে খবৰ... 

নিজতে নিখোঁজ নিতে নৰ
ঠিক এনেকৈয়ে
এনেকৈয়ে নিৰলে নিজানে
গুচি যায় সকলোৱেই
কোনেও নেদেখাকৈয়ে
কোনেও নজনাকৈয়ে
জনা নজনাৰ খতিয়ান কোনেনো কিমান দিনলৈ ৰাখে...

অঙ্গন:  পৃষ্ঠাঃ 20
বিশ্বাস

অঞ্জলি

তুমি কি ভাল পোৱা পচন্দ অপচন্দৰ ওপৰত
এবাৰো একোৱেই সোধা নাই 
তোমাৰ বুকুত কিহৰ স্পন্দন একো শুনাই নাই
একপক্ষীয় এনাজৰীৰেও বান্ধিব বিচৰা নাই 
প্ৰেমৰ পাপৰিবোৰ ক'ত সিঁচৰিত হৈ আছে 
আপোন ভাবে এবাৰো স্বগোকক্তিও কৰা নাই 
তথাপি প্ৰেমৰ দুৱাৰত খটখটাই এক অনুকম্পাই 

বুকুৰ সৌন্দৰ্যই সুহুৰীয়াই l
আথেৱেথে তাকেই আঁকোৱালি লওঁ
কত ধুমুহাই তচনচ কৰিলে কতনা আশাৰ সঁফুৰা
নুমাই দিয়ে প্ৰগতিৰ শান্তিৰ ধাৱমান বন্তি 
পুনৰ ফুল কলিৰে আগুৱাই জীৱন সুৰভি 

মোৰ আশাৰ কঠীয়াত হেঁপাহৰ বান্ধোন
সৃষ্টিৰ লিপিত সমন্বয়ৰ শব্দ ভঁৰাল
বাৰে বাৰে মিলিত হওঁ প্ৰেৰণাৰ শ্ৰব্য শৈলীত 
সান্নিধ্যৰ কোবাল সুঁতিত 
সুৰৰ চয়াময়া অনুভূতিত কেতিয়াবা বৰ্ণ কোষত 
কেতিয়াবা আধৰুৱা সপোনৰ জোনাক ঢলা আকাশত 

তুমি হৃদয়ৰ আলফুলীয়া অনুভৱৰ মিঠা শিহৰণ
নজনাকৈয়ে ওচৰ চাপে দুটি মন আলাপ কথোপকথন 
এতিয়াও সোধা নাই কি ভাল পোৱা তুমি 
তথাপি কলম নিগৰে তোমাক বিচাৰি 
এটা অটুত গতি নিশা সৰা পাতৰ সুগঢ়ি  সুগন্ধি 
সেউজীয়া বলোৱা মাথোঁ তুমি 

তোমাৰ পচন্দ অপচন্দৰ ওপৰত
কোনো বাৰ্তালাপ হোৱা নাই এতিয়াও 
তথাপি জানা মই ভাল পাওঁ বুলি 
শয়নে সপোনে  আকাশে  বতাহে উশাহে-নিশাহে 
ৰং বুলুৱা কেৱল তুমি 

তুমি কি ভালপোৱা এতিয়াও এবাৰলৈ 
একোয়েই নুসুধিলোঁ মই 
তথাপি বিশ্বাসৰ ভেটি দেখুৱাইছা  তুমিয়ে !!!

অঙ্গন:  পৃষ্ঠাঃ 21
মাটিৰ মানুহ

গীতাঞ্জলি দেৱী 

সকলো বস্তুৰে মূল্য জোখা নাযায় 
সেইদৰে সকলো কামৰে যোগ্যতাৰ তাৰিফো কৰা নাযায় ।

সিদিনা মহাজন বোলা এজনে মোৰ পিতাইৰ কোৰৰ চাব দুটালৈ চাই আছিল ।

কেইপুৰুষীয়া মাটি, মহাজনে তাকে জহাইছিল 

কেইটা পুৰুষ গ'ল মহাজনে আঙুলিৰ পাবত গণি-গণি পিতাইক শুনাইছিল । 

তেওঁ থিয় হৈ থকাৰ পৰা বাৰগজ আঁতৰৰ মাটিখিনিত এদিন মোৰ আজুককাৰ ককাকে হেনো খেতি কৰিছিল 
তাৰপাছত আজুককায়ে
তাৰপাছত ককায়ে 
তাৰপাছত দেউতাই 

সেই তাহানিতে আজুককাহঁতৰ বাবেহে হেনো মাটিখিনি মাটি হৈ আছিল  
আৰু ককাহঁত মাটিৰ মানুহ হৈ আছিল ,
দেউতাই এদিন কৈছিল ।

"আমি মাটিৰ মানুহ বুজিছ'
আমাৰ বিঘাই-বিঘাই মাটি আছিল গুণেহে নাখাই নমৰিলি তহঁত ।" 

মহাজনৰ গাজত-লগা কথাষাৰত মোৰ মনটোৱে ধৰফৰাই চিঞৰি উঠিল,

কোন মাটিৰ মানুহ ?
দেউতাহঁত নে আপোনালোক ?

অঙ্গন:  পৃষ্ঠাঃ 22
হৃদয়ৰ দলিল

নীলিম নীলাভ

শাওণৰ লেফাফাত বৰষুণৰ চিঠি এখন পঠালো তোমালৈ
ভিজা ভিজা মনৰ শবদেৰে
লিখা-নিলিখা কিছু ভাষা! 
গোমোঠা মৰা আখৰবোৰ হাউলি পৰিলেহি মনৰ কাগজত…
এয়া যে পঠালো মোৰ এটোপোলা অভিমানৰ সঁফুৰা  !!

হৃদয়খন গাঠি পঠাইছোঁ
হেঁপাহৰ কাগজত নুৰিয়াই
মেলি চালেই পাবা বকুল ফুলাৰ খবৰ! 
মামৰে ধৰা কলিজাখনত মোৰ অলিখিত জীৱন গাথা__
লুটিয়াই চোৱা পাতবোৰত
পোৱা-নোপোৱাৰ হাজাৰটা দুখৰ কাহিনী পাবা ৷৷

ব্যৰ্থতাৰ বানত বুকুৰ গৰাখহনীয়া অকল মইহে দেখিছোঁ___
মনৰ মূধচলৈকে দুখ আৰু দুখ!! 
পৃষ্ঠা পৃষ্ঠা জোৰা অকবিতাৰ স্তৱক উচ্চাৰণ কৰিছো
জৰাজীৰ্ণ মনৰ কোঠালীত জ্বলাইছো সুগন্ধি !! 
তথাপি বকুল ফুলাৰ সুঘ্ৰাণ পাইছো তোমাৰ মনৰ চোতালত____
সেয়ে, মনৰ অভিধানৰ পৰা বুটলি ল'লো কিছু শব্দ…
শাওণৰ লেফাফাত গুজি পঠালো বৰষুণৰ চিঠি ৷৷

অঙ্গন: পৃষ্ঠাঃ 23
যুদ্ধ এক প্ৰশান্তি

প্ৰশান্ত কুমাৰ দত্ত

য'ত আছো তাতেই আছো সদায়
ৰ'দালি পিৰালিত বহি 
পৃথিৱীৰ বিপৰীত গতিত

আচলতে কিহৰ বাবে
এই ক্লান্তবিহীন সংগ্ৰাম
কিহৰ প্ৰাপ্তিত ইমান তৎপৰ 
প্ৰাপ্তিৰ বাবেই যুদ্ধ নেকি 
প্ৰাপ্তিৰ বাবেই তৎপৰ নেকি এই যুদ্ধ সদায়

যুদ্ধই শেষ সত্য নহয়
যুদ্ধ এক প্ৰশান্তি …

অঙ্গন: পৃষ্ঠাঃ 24
মই এগৰাকী ধৰ্ষিতাই কৈছোঁ

পূজা দত্ত
                                    
ধূসৰ হৈ পৰা কেঁকুৰিটোৰে,
জীৱনৰ বাট বুলিবলৈ সহজও নহয় ! 
ভবাটো নাছিলো,
কোনো দুঃস্বপ্নৰ সৌধ সজাৰ কথা ।
কিন্তু, 
এইয়াই যে সময় ! 

বুকুত থূপ খাই থকা  সপোনবোৰ 
মই কবৰ দি দিলো।
হেঁপাহবোৰো আজি চোন চেঁকুৰা বান্ধিছে ।
সময়ে থকা-সৰকা কৰা হৃদয়খন লৈ  
অভিনয় কৰি থকাটো একেবাৰেই সহজ হৈ থকা নাই অ'।
মাৰ শেঁতা পৰা মুখখন মনলৈ আহিলে
বুকুখন আজিও গধূৰ হৈ পৰে।
ৰভাৰ তলৰ পৰা কইনা সাঁজেৰে মোক 
উলিয়াই দিয়াৰ সপোনবোৰ   
বুকুত লৈ মাও গ'লগৈ 
কোনো কালেই ঘূৰি নহা বাটেৰে।
মাটিৰ শালত জোঁৱাইলৈ বোৱা 
পাটৰ চেলেঙ আৰু গুটি ফুলৰ গামোছাখন
বাকছৰ ভাজতে ৰ'ল ।
মা মা ---
দুভাগ ৰাতি চকা মকা সপোনত 
আজিও চিঞৰি কান্দো,
মা তুমিও নাই ।
আন্ধাৰত খেপিয়াই খেপিয়াই চাওঁ 
নৰপিশাচ কেইটাই মোৰ 
শৰীৰত দি যোৱা গভীৰ দাগবোৰ।
কেতিয়াবা, 
শৰীৰ গোটেই দাগ লগা ঠাই বোৰ 
শৰীৰ পৰা বিচিন্ন কৰি দিবলৈ মন যায় । 
কিন্তু, 
এইয়াই যে সময় ! 

গাঁৱৰ বাটেৰে যোৱা জীয়াৰী বোৱাৰীবোৰে 
মোক দেখিলেই মুখখন লুকুৱাই  দিয়ে,
মই হেনো পাপী !
মই জানো পাপ কৰিলো ? 
কিন্তু -----
মই যাবই লাগিব।
ধূসৰ কেঁকুৰিটো পাৰ হলেই 
পোহৰে নতুন বাট দেখুৱাব।
মই জীয়াই থাকিবই লাগিব।
নহলে যে পাপীবোৰে মূৰ তুলি জীয়াই থাকিব ।
ধূসৰ হৈ পৰা কেঁকুৰিটোৰে 
জীৱনৰ বাট বুলিবলৈ সহজও নহয় ।

তিতাবৰ,যোৰহাট।
Mb:- 7002497166

অঙ্গন: পৃষ্ঠাঃ 25
ভাবাবেগ

মিনাক্ষী জোন গগৈ

কলমটি ভাবা বেগেৰে সময় জুখি চালে,
বিৰাট শূণ্য অৱতাৰণ ঘটে।
সহস্ৰ পথত ক্লান্ত হৈ পৰা জীৱন,
যন্ত্ৰ আকাৰ ল'ব খোজে।
         
গণনা সন্ধি ক্ষণত সময়ৰ চেকুৰা বোৰে ,
কলমটি গতিহীন কৰি ৰাখিব পাৰে।
পৃথিৱীৰ শকতি মায়া মোহনীয় ছায়াত,
আৱৰি ধৰি জীৱন পথত বিচলিত কৰিব পাৰে।

সন্মুখৰ যান্ত্ৰিকতাৰ ভিৰ বোৰে,
হাহাকাৰ কৰি চকুলো নিগৰাব পাৰে।
অগণন জীৱই কঢ়িয়াই ফুৰা বোজা,
জীৱন মায়া বাহনা হ'ব বিচাৰে।

কলমটিয়ে নিগৰুৱা শব্দবোৰ 
প্ৰাণৱন্ত আকাৰিত ৰূপ ল'ব পাৰে।
ভূমুকি মৰা প্ৰতিশ্ৰুতিৰে 
সমৰথলিত যুঁজাৰু শেষ বিদায় মাগে।

 জিলা : যোৰহাট
যোগাযোগ নম্বৰ : ৬০০৩৭৯৫৯৬৫.

অঙ্গন: পৃষ্ঠাঃ 26
নিজান ৰাতিৰ এটি অচিনাকী সুৰ

কল্যাণী ডেকা

বতাহ হেঁচুকি যোৱা ৰ'দৰ পথাৰত 
শালিধানৰ গোপন এটি সন্ধ্যা
মৰা নৈখনৰ গৰ্ভত দুখনকৈ
সেউজীয়া পাহাৰখনৰ ভ্ৰূণ
চেলাউৰিৰ ভাঁজত আলি বান্ধে 
ৰংপুৰীয়া ডেকা গাভৰু।
বালিমাহী চৰাইৰ খোজত সৰি পৰে
শিল পৰা মানুহবোৰ
মূৰ্খই সজোৱা দুৰ্বল দলংখনত 
পৰুৱাৰ দীঘলীয়া শাৰী
হাত মেলি চিঙিবলৈ যোৱা বোকাৰ পদুমপাহিয়ে কয় 
তলফালে নাচাবা বুকুৰ মাজেৰে ৰঙা আলি কাটি দিয়া ।
হালধীয়া চৰাইটোৰ পাখিৰ সুৰ শুনি 
কেঁচুবোৰে হুমুনিয়াহ কাঢ়িছিল 
শহাপহুৰ গাঁত বিচাৰি থকা শিয়ালটোৱে 
নিজৰ নেজডালেৰে দিশ নিৰ্ণয় কৰিছিল
মাংস বেপাৰীৰ মৌনতাৰ ছবিখন
কেহৰাজ বনৰ ফুলেৰে অংকন কৰিছিল
মাছৰোকাৰ ঠোঁটত বহি আছিল 
কুৰুক্ষেত্ৰৰ যুদ্ধৰ যোদ্ধা
প্ৰেম গাভৰু পাটমাদৈৰ সৌন্দৰ্য দেখি 
ৰামধেনুত উঠি স্বৰ্গাৰোহন কৰিছিল কৰৱী ফুলৰ ৰাণীয়ে  
নাৰ্জি ফুলৰ হাঁহিত পুনৰ জন্ম হৈছিল
মত্যু হোৱা শিশুবোৰৰ 
বিশ্বাসক জয়ী কৰিবলৈ বুকুৰ গোপন কোঠাত জ্বলাই লৈছিল এগছি অক্ষয় বন্তি 
আইত গৰ্ভত যিদিনা সুখৰ ঘণ্টা বাজিছিল 
সিদিনা গংগাৰ নদীৰ পৱিত্ৰ পানী সেৱন কৰি মনুষ্য জাতি ধন্য হৈছিল ।

অঙ্গন:  পৃষ্ঠাঃ 27
এজাৰৰ প্ৰেম গাথা 
         
ৰুমী কলিতা দত্ত

এজাৰ ফুলে ৰং সানি
মোৰ আলিবাটত আছে পৰি
মাতে মোক হাত বাউলী
আঁচল ভৰাই  আনিলোঁ বুটলি 

জেঠৰ ভৰুণ বেলি
এজাৰৰ ওপৰেদি যায় বাগৰি
তপত উমত চকুলো সৰে
এজাৰৰ সৰা পাতে পাতে  !!
কাৰ বিষাদ গাথা এজাৰে সাবটে 
প্ৰেমিক হৈ পৰে ব্যাকুল
এজাৰৰ সান্নিধ্য বিচাৰি 
পায়গৈ দিহিং নৈৰ উপকূল !!

ই যেন প্ৰেম... সঁচা ভালপোৱা ! 
এজাৰৰ পাপৰি যে  আলফুলীয়া ।
জেঠত আহে বাৰ খৰ 
প্ৰকৃতি হৈ পৰে জঠৰ 
বেলিৰ তাপত ধৰিত্ৰী শুকাই
বিচাৰি ফুৰে শীতলতা !
সজীৱতা আনিবলৈ সৃষ্টিৰ  পথাৰত  
আকাশে ঢালি দিয়ে 
এজাক ৰিম্‌ঝিম বৰষুণ ।
 
ঠিকনা:
২ নং কেন্দুগুৰি, ধমন, ডিব্ৰুগড়
ভ্ৰাম্যভাষঃ ৯৩৬৫৩৭৫৩০৩

অঙ্গন:  পৃষ্ঠাঃ 28
সেউজীয়া প্ৰাণৰ পথাৰ 

নিকি মেধি

সেউজীয়া প্ৰাণৰ পথাৰ এটি ঐতিহ্যৰ সম্ভাৰ
পিতাইৰ নাঙলৰ মুঠিতে শকতি ,
সোণোৱালী গুটি গুটি মাণিকৰ মুঠি
হাড় ভঙা পৰিশ্ৰমৰ অন্ততঃ ভোকৰ এমুঠি ভাত ।
এটি ঐতিহ্য আৰু এমুঠি বিশ্বাস
সেউজীয়া প্ৰাণৰ পথাৰ ,
আমাৰ বাবে এটি মুক্ত উশাহৰ সমাহাৰ ,
আধ্যবন্ত নহয় আমি ! 
কিন্তু গৌৰৱী ,
আমি যে মাটিৰ মানুহ
সেউজীয়া প্ৰাণৰ পথাৰ  প্ৰতীক 
আমাৰ বাবে সুগভীৰ আস্থাৰ।

অঙ্গন: পৃষ্ঠাঃ 29
যুঁজ খন হ'বলৈ দিয়া 

দেবজিত হাজৰিকা

যুঁজখন হ'লে, হ'বলৈ দিয়া।
বুৰঞ্জীত মোগলৰ গুণ গোৱাৰ বিৰুদ্ধে,
তিৰাশীত তেজালৰ হত্যাৰ বিৰুদ্ধে,
ভাৰত বনাম বৰ্হিশক্তিৰ বিৰুদ্ধে ।

যুঁজখন হ'বই লাগিব,
স্বাভিমানী অসমীয়া বনাম 
বিদেশী গোলামৰ।

যুঁজখন হ'বই লাগিব
সম বিকাশ বনাম 
তুষ্টিকৰণৰ 

যুঁজখন হ'বই লাগিব 
প্ৰগতিশীল চিন্তা বনাম 
নৈৰাজ্য বাদৰ।

যুঁজখন হ'বই লাগিব 
সাংস্কৃতিৰ সপক্ষে 
শান্তিৰ সপক্ষে 
বিকাশৰ সপক্ষে ।

যুঁজখন হ'বই লাগিব ---!!

যুঁজখন হ'বই লাগিব প্ৰকৃতাৰ্থত 
জাতি মাটি ভেটি ৰক্ষাৰ যুঁজ।
যুঁজখন হ'লে, হ'বলৈ দিয়া।

অঙ্গন: পৃষ্ঠাঃ 30
স্তৱক

অনন্ত কুমাৰ ভূঞা

(১)
শব্দই কোঁ‌হ মেলে ধ্যানত
শব্দৰ পাখি গজে মনত 
শব্দই নৃত্য কৰে অনুভৱত ।

(২)
শব্দই সৃষ্টি কৰে বাক্য গধুৰ
গীতৰ মাজত শব্দ মধুৰ
ধ্বনিত ওপঙি আহে সুৰ ।

(৩)
প্ৰথম পুৱা আশাৰ পোহৰ
ভৰদুপৰ অতিপাত গৰম
হেঙুলীয়া বেলিৰ আছে মৰম।

অঙ্গন: পৃষ্ঠাঃ 31
একলব্য  সাধনা 

জ্যোৎস্না  নাথ

দিনলিপিৰ
এৰি অহা
মদৰুৱা পৃষ্ঠাবোৰত
জীৱনৰ যোগ-বিয়োগ
পূৰণ-হৰণৰ
দীঘলীয়া সমীকৰণ

সময়ে
সোণাৰুবুলীয়া পৃষ্ঠাবোৰ
কেনেকৈ যে
মদৰুৱা কৰি পেলায়
সেয়াও যে অইন এক সমীকৰণ 

হালোৱা পিতায়ে
ধানখেৰৰ টোমত
আটোমটোকাৰীকৈ
যেনে দৰে ৰাখিছিল
সোনাজুলি ধানৰ বীজ

তেনে দৰে ঠিক তেনে দৰেই
বুকুৰ ভিতৰত কবিয়ে ৰাখিছে
আশাৰ সোণোৱালী
কবিতাৰ বীজ

বুকুখন ফিন্দ খাই পৰে
বীজবোৰৰ ভৰত
শব্দবোৰে বাট বিচাৰি
হাহাকাৰ কৰে
টোমত শুই থকা
পিতাইৰ শইচৰ বীজবোৰৰ দৰে

বীজবোৰ গজিবলৈচোন
পথাৰবোৰ কংক্ৰিটৰ অৰণ্য হ’ল 

এদিন কংক্ৰিটৰ সেই 
অৰণ্যৰ মাজতেই
এজন কবিয়ে আৰম্ভ কৰিলে
শব্দৰ কৰ্ষণ
তাৰ পিছত আৰু এজন
তাৰ পিছত আৰু এজন

দিনলিপিৰ বিৱৰ্ণ মদৰুৱা
পৃষ্ঠাবোৰ জিলিকি উঠিল
সেউজ বাখৰ হৈ

সৃষ্টি যে
কবিৰ
একলব্য সাধনা ৷

অঙ্গন: পৃষ্ঠাঃ 32
অপৱিত্ৰ আজি তোৰ মন প্ৰাণ 

শৰ্মীষ্ঠা বৰ্মন

অপৱিত্ৰ আজি তোৰ মন প্ৰাণ কিয় ?
ক্ষন্তেকৰ সুখানুভূতিত তই
বিগলিত হ'লি কিয় ?
বিহলঙনীৰ বিষে ঢৌ খেলি খেলি 
তোৰ গ্ৰীবা চেলেকিচে 
সেই বিষাক্ত ৰসত 
আনন্দ লভি আছ কিয় ?

আজি তোৰ পদুলি উদং
গোহালি উদং
পথাৰ উদং 
ভঁৰাল কৰিলি উদং
যৌৱনো যে তই কৰিলি উদং !
নিজ হাতেৰে গৰল মিলাই 
ধ্বংসৰ সোঁতত বোৱাই দি
জীৱনটোকো কৰিলি উদং।

অপৱিত্ৰ আজি তোৰ মন প্ৰাণ কিয় ?

উঠ তই বীৰ সন্তান 
পৰিত্যাগ কৰি সকলো বৰ্জ্য দ্ৰব্য,
পদে পদে হ'ব কষ্ট 
তথাপিও লক্ষ্যত নহ'বি ভ্ৰষ্ট 
গৰল গিলি মহাদেৱ হ'বলৈ 
ডাঠ কৰ মন প্ৰাণ।
উঠ তই বীৰ সন্তান।

অপৱিত্ৰ আৰু নকৰিবি মন প্ৰাণ ।
অপৱিত্ৰ আৰু নকৰিবি মন প্ৰাণ।

অঙ্গন: পৃষ্ঠাঃ 33
নীলাখামৰ চিঠিঃ

মৰমৰ,
       প্ৰিয়তা মৰম ল'বা, হিম শীতল মেঘাছন্নপৰ্বতৰ এই মোহনাত আজি তোমালৈ মনত পৰিছে মমতা । 
এইয়া কল্পনাৰ কলমটো হাতত তুলি লৈছোঁ হৃদয়ৰ শব্দৰে তোমালৈ এখন চিঠি লিখো বুলি , অতীতৰ ৰোমন্থনত শব্দবোৰ এতিয়া জৰাজীৰ্ণ , মোৰ মন আকাশৰ সীমনাত তুমি আশাবাদী এমুঠি জোনাক , আৰু মই দশমিকৰ পিছৰ শূণ্য ।
     স্মৃতিত সেই মায়াৱী ৰাতি মনত আছেনে ?
    জোনাকী আভাৰে আমি যে এক আশাৰে কৰিছিলো ,এটি সুন্দৰ বাৰ্তালাপ তুমি যে মোক মনত পেলাই দিছিলা এবাৰ ছুটিত মোৰ কাষলৈ উভতি আহোঁতে কিছুদিনৰ বাবে ইণ্ডিয়া গেট চাবলৈ যাম । কিন্ত তোমাক অতি দুখেৰে জনাওঁ যে মই এইবাৰ ছুটি নাপাম । সীমান্তত চলিছে যুদ্ধৰ আখৰা মাতৃভূমি ৰক্ষাৰ বাবে আদেশ আহিছে যাব লাগে এইয়া হয়তো আমাৰ শেষৰটো বাৰ্তালাপ ।
    মৃত্যু যদি হয় মোৰ দেশ মাতৃৰ সেৱাত চকুলোঁৰে নিলিখিবা তুমি জীৱনৰ মায়াময় কাহিনী ।বৰঞ্চ গৌৰৱেৰে বিদায় জনাবা তুমি ।
    আজিলৈ আৰু বিশেষ নিলিখো ,মাথোঁ 
    কুশলে থাকিবা তুমি ।

ইতি- তোমাৰ প্ৰিয়তম

নিকি মেধি

অঙ্গন: পৃষ্ঠাঃ 34
গল্পঃ

দেউতা ৰাজা উপাৰে নানিবি জল

দীপাঞ্জলি দেৱী

বোৱাৰীগৰাকীয়ে পদ্মক চাহ কাপ খাবলৈ ঘৰৰ ভিতৰলৈকে মাতিলে । বোৱাৰীয়ে টিটেবুলখনত ট্ৰে'খন থৈ ক'লে,
: খাওক একো বনোৱাই নহ'ল ।
: নাই নাই নালাগে ।
প্লেটভৰা খোৱা বস্তু । বুন্দিয়া- ভূজিয়া, তিনিবিধৰ বেলেগ বেলেগ বিস্কুট ।
: এ'… ইমানবোৰ খাম জানো ? বিস্কুট এখন হ'লেই হ'ব । 
বেকাৰীৰ বিস্কুট এখন বাওঁহাতত আৰু চাহকাপ সোঁহাতত লৈ পদ্মই সুধিলে,
: খুৰা-খুৰীক দিলানে ?
: নাই । 
: দিয়া । দুপৰীয়াৰ সময়ত একাপ চাহ খাবলৈ চবৰে মন যায় ।
: তেওঁলোকে মই দিলে নাখাব।
বোৱাৰীজনীয়ে থেৰো-গেঁৰোকৈ কথাষাৰ কৈছে । পদ্ম আচৰিত হ'ল ।
: কিয় নাখাব ?
: নাখায় । তেওঁলোকে নিজেই বনাই খায় ।
: নিজেই বনাই খাই মানে ? নিশ্চয় কিবা এটা হৈছে । ব'লা । বাহিৰতে বহোঁগৈ । তিনি কাপ চাহ লৈ আহাঁ ।
: আপোনাৰ কাপ ইয়াতেই খাই যাওক দাদা । তেওঁলোকক নিদিওঁ দিয়ক ।
: খুৰা-খুৰীক এৰি মই খাব নোৱাৰিম । 
পদ্মই হাতত লোৱা চাহৰ কাপ আৰু বিস্কুটখন ট্ৰে'ৰ ওপৰত খঙতে থৈ বাহিৰলৈ ওলাই গ'ল ।
পদ্মৰ দেউতাক দেউ খুৰাৰ জেঠীয়েকৰ ল'ৰা । সৰুৰে পৰা পদ্মই দেউ খুৰাকক দেখিছে  একেবাৰে ওচৰৰ পৰা । তেওঁৰ সৈতে একাত্ম হৈছে । দেউ খুৰাৰ ভিতৰ-বাহিৰ চিনে পদ্মই । এক কথাতে ক'ব পৰাকৈ নিভাঁজ নিকা মানুহ দেউ খুৰা । বাঢ়ৈৰ কামফেৰাৰে ঘৰখন চলালে, ল'ৰাকো ডাঙৰ কৰিলে । দেউখুৰাৰ পুতেক মন্মথে হায়াৰ চেকেণ্ডাৰী পাছ কৰাৰ পিছত নপঢ়িলে । পি ডব্লিউ ডিৰ মহৰিৰ চাকৰি পালে । শুকাও শুকাও নৈত পানী চপচপীয়া হ'ল । সংসাৰৰ নাওখন মন্থৰ গতিৰে হ'লেও চলি থাকিব পৰা হ'ল । পুতেকৰ আব্দাৰতে দেউ খুৰাই হাতৰ কাম এৰিলে । কষ্টৰ কাম । গতিকে ঘৰতে লাম-লাকটু কৰি থাকে । মন্মথে মাককো লোকৰ কাপোৰ ববলৈ হাক দিলে।
সকলো ঠিকেই চলি থাকিল। একমাত্ৰ সন্তান মন্মথ । বিয়াৰ বহু বছৰৰ মূৰত ওপজা । কত পূজা-পাতল, সাধকৰ পৰা তাবিজ, গছ-পাতৰ আহুদি খোৱাৰ অন্তত এদিন সুসংবাদ এটা হৈয়ে মন্মথ আহিছিল দেউ খুৰা আৰু খুৰীৰ জীৱনলৈ।
বাৰে বাৰে সোধাৰ পিছতো দেউ খুৰা বা খুৰীয়ে বোৱাৰীজনীৰ বিষয়ে এষাৰো বেয়াকৈ নক'লে । গহীন মন এটা লৈ পদ্ম ঘৰলৈ উভটিল ।
কেবাদিনলৈ পদ্মৰ মনটো বেয়া হৈ থাকিল । জন্মদাতা আৰু জন্মদাত্ৰীৰ প্ৰতি ইমান নিষ্ঠুৰ হয় কিয় মানুহ ? গাঁৱত প্ৰায়ে শুনা যায় এনেধৰণৰ কথা । কাৰোবাৰ ঘৰত বোৱাৰীজনীৰ ওপৰত ঘৰৰ অইন সদস্যৰ আতিশয্য । কাৰোবাৰ ঘৰত বৃদ্ধ পিতৃ-মাতৃৰ ওপৰত নিৰ্যাতন । কিয় হয় এইবোৰ ? কেণাটো ক'ত? ভাবি ভাবি পদ্ম হায়ৰাণ হয় । 
তিনিদিন মানৰ পিছত পদ্মই শুনিবলৈ পালে দেউ খুৰা আৰু খুৰীৰ ওপৰত হোৱা চৰম পৰ্যায়ৰ অত্যাচাৰৰ কথা। কথাটোৰ গুৰি চাবলৈ গ'লে পদ্ম । সিদিনা সি চাহ নোখোৱাকৈ গুচি যোৱা কথাটোক লৈয়ে বোৱাৰীয়েকে পেঘেনিয়াই পেঘেনিয়াই মন্মথক কথা শুনাই থাকিল । জীয়েকৰ ফালে জোৰটো বেছি হওক বুলি মন্মথৰ শাহুৱেকজনীও চাপিছেহি । মন্মথৰ মন-মগজুক বিকাৰগ্ৰস্ত কৰি পেলাইছে । কিন্তু মন্মথৰ জানো নিজা মন এটা নাই ? নিজৰ বিবেক-বুদ্ধি নাই ? নে সি সোপাকে বন্ধকত থ'লে ? নহ'লেনো বৰুষুণীয়া বতৰৰ ৰাতি বৃদ্ধ মাক-বাপেক দুটাক ঘৰৰ বাজ কৰিব পাৰেনে ? 
ঘটনাবোৰ শিপাই শিপাই বহুদূৰ পায়গৈ । যিমানলৈ শিপাই সিমান পৰিসৰৰ ভিতৰত নতুন নতুন পোখা মেলে । নতুন নতুন ঘটনাৰ জন্ম হয় । সেয়াই নহয় । ঘটনাবোৰে ঠালে-ঠেঙুলিয়ে বৃক্ষৰ ৰূপ লয় । বতাহত উৰি ফুৰা চতিয়না ফুলৰ গোন্ধৰ দৰে এলাৰ্জি বিয়পায় । ইনফ্লুৱেঞ্জাৰ দৰে সংক্ৰমণ ঘটে এজনৰ পৰা আনজনলৈ।
পদ্মৰ আগত ঠিক তেনেকৈয়ে বিষয়টো উপস্থাপন কৰিলে সংঘৰ সম্পাদক যতীনে । তাৰ প্ৰতিকাৰো সি পদ্মক কৈছে । সংক্ৰামক হ'ব পৰা ৰোগ অথবা ঘটনা যিয়েই নহওক তাৰ উৎস নোহোৱা কৰিব লাগে । শিপা বিস্তাৰিত হোৱাৰ সময়তে বিষবৃক্ষৰ শিপাক ওভটনি গতি দিব লাগে । পদ্মৰ মনে ধৰিছে কথাবোৰ । পদ্মৰে নহয়, সংঘৰ কাৰ্যালয়ত উপস্থিত থকা সকলোৱে যতীনৰ কথাবোৰ শলাগিছে । ঘটনাবোৰ সমাজত বিস্তাৰ ভাৱে সংক্ৰমিত হোৱাৰ পূৰ্বেই দুই-এটা ঘটনাই উক দিওঁতেই উচিত ব্যৱস্থা ল'ব লাগে বুলি সিদ্ধান্তকে লৈ ল'লে ল'ৰাহঁতে।
পিছদিনা নামঘৰৰ চোতালতে মেল বহিল । দেউ খুৰাৰ দুৰৱস্থাৰ বিষয়টোক ভিত্তি কৰি আন আন দুটামান ঘটনাৰো আলোচনা হ'ল । মুখ্য বিষয় দেউ খুৰাৰ ঘটনাৰ ওপৰত পুংখানুপুংখৰূপে আলোকপাত হ'ল । যুক্তি-তৰ্কও হ'ল । চৰ্চা হ'ল, এই সিদ্ধান্ত কঠোৰ হওক । ভৱিষ্যতে দুনাই কোনেও এনে অপকৰ্ম কৰিবলৈ সাহস নকৰক । শেষত সিদ্ধান্তও হ'ল,
: নিজৰ ভূমি আৰু গৃহৰ পৰা দেউ খুৰাক কোনেও আঁতৰাব নোৱাৰে । দৰকাৰ হ'লে পুত্ৰকহে নিৰ্বাসন দিব পাৰে তেওঁ ।
এই কথাষাৰতে সমাজখন কপকপীয়াকৈ কঠোৰ হৈ ৰ'ল । দেউ খুৰাই মাথোঁ এবাৰ ক'ব লাগে । 
দেউ খুৰাও দৃঢ় । নিজৰেই দুৰ্গতি হওক, তথাপি পুত্ৰক ৰৌ-ৰৌ নৰকত পেলাব নোৱাৰে । সৰু পোণাটিৰে ক'ত যাব পুতেকটো ?
ৰৌমাছৰ মূৰা এটাৰ বাবে দ্বন্দ্ব হৈ নিৰ্বাসিত হোৱা দুখুনী মাতৃগৰাকীৰ কাহিনীটো পদ্মৰ মনত পৰি গ'ল । সৰুতে দেউতাকৰ মুখত সেই কাহিনী শুনাৰ কথা পদ্মৰ মনত আছে । ডাঙৰ বাতি এটা উবুৰি হৈ পৰাৰ দৰে ধৰিত্ৰীক ঢাকি ধৰিছিল মেঘে । বুঢ়া গছ এডালৰ তলত ভাগৰি-জুগৰি মানুহজনী বহি পৰিছিল । মাকক তাতেই তেনেকৈ এৰি লগত অহা পুতেক ঘৰলৈ বুলি উভতিছিল । একমাত্ৰ সন্তানৰ তেনে কাৰ্যত দুখতে মানুহজনীৰ চকুৰে পানী বৈছিল । একেলগে বতৰেও কান্দিছিল ধাৰাসাৰ । নৈৰ পানী বাঢ়ি আহিছিল । দুখুনী মাতৃৰ হৃদয়ে ঈশ্বৰক খাটিছিল, ঘৰমুৱা পুতেক নৈৰ সিপাৰত থকা ঘৰ সুকলমে পাওকগৈ । 
পদ্মৰ বুকুখনে হাহাকাৰ কৰি উঠিল । ৰাইজৰ ফালৰ পৰা বাৰে বাৰে প্ৰস্তাৱ আহিছে,
: দেউ খুৰা, ইয়াক নিৰ্বাসন দিয়ক ।
দেউখুৰা আৰু খুৰী একে ঠাইতে ৰৈ আছে । খুৰাই সবিনয়ে কৈ আছে,
: ইমান কঠোৰ নহ'ব ৰাইজ । এটাই মাত্ৰ সন্তান মোৰ । তাক মই গৃহহীন কৰিব নোৱাৰো । 
: ভালদৰে ভাবি চাওক খুৰা । ৰাইজখনে আপোনাৰ  দুখ-যাতনাবোৰ দেখি এই প্ৰস্তাৱ আগবঢ়াইছে ।
: নহয় নহয় । তাৰ গছৰ আগৰ সমান আয়ুস আছে । এতিয়াৰ পৰাই সি কেনেকৈ কটাব ইমান যাতনাত ? 
: আৰু আপোনালোকৰ বোৰ ? -- পদ্মৰ মাতটো কঠোৰ হৈ ওলাল ।
: আমিনো কেইটা দিন থাকিম ? সেইকেইটা দিন সুখ বা দুখ পোৱাৰ পাৰ্থক্যনো ক'ত ? আমিয়েই ঘৰৰ পৰা ওলাই গৈ ক'ৰবাত থাকিম । তথাপি তাক ইমান কঠোৰ শাস্তি নিদিব ৰাইজ ।
দেউ খুৰাৰ কথাত ৰাইজ কাঁহ পৰি জীণ গ'ল। পদ্মই একেথৰে চাই ৰৈছে অশীতিপৰ দেউ খুৰা আৰু খুৰীলৈ । সন্তানৰ প্ৰতি ইমান স্নেহ এই মানুহহালৰ । তেওঁলোকৰ মন ইমান স্বচ্ছ ?          
হঠাতে কাৰোবাৰ মোবাইল ফোন বাজি উঠিল । ৰিংটন নামঘৰৰ বহল চোতালখনৰ চুকে-কোণে ভাঁহি ৰ'ল,
দেউতা ৰাজা এ'
হিৰ্ হিৰ্ নকৰবি            
গিৰ্ গিৰ্ নকৰবি
উপাৰে নানিবি জল ,
ৰৌমাছৰ মূৰাৰ হৈ        
বনবাস খাটিলো
মোৰ বাচাই পাওক যায় ঘৰ…
ফোনৰ ৰিংটনটো নামঘৰৰ বহল চোতালখনৰ চুকে-কোণে ভাঁহি ফুৰিল ।

ঠিকনা: গাঁও : জয়পুৰ, ডাকঘৰ : হেঙালপাৰা, জিলা : দৰং (অসম)   
পিন নং: ৭৮৪১৪৮   
ফোন নং : ৯৩৬৫০৩০৩৫৪

অঙ্গন: পৃষ্ঠা 35

সন্ধ্যাৰাগ

মিনাক্ষী কলিতা

এটা বৰ্ষণমুখৰ সন্ধিয়া।মুষলধাৰ বৰষুণজাক ক্ৰমান্বয়ে পাতল হৈ আহি কিনকিনিয়া বৰষুণত পৰিণত হৈছে। আবেলিৰ পৰা গোমা হৈ থকা আকাশখনো যথেষ্ট ফৰকাল হ'ল। আকাশখনে পৃথিৱীৰ বুকুলৈ কলহৰ পানী ঢলাৰ নিচিনাকৈ বৰষুণ দি থাকোঁতেই সুকন্যাই বেলকনিত বহিছিল। এসময়ত বৰষুণ সৰিলে বাহিৰত বহি বৰষুণৰ পানী অকণমান হাতেৰে চুই বৰষুণজাকৰ আমেজ লোৱাটো তাইৰ নিচা আছিল। এতিয়া পিছে তাইৰ সেই নিচা নাই। একোৱেই ভাল নালাগে তাইৰ। বৰষুণজাক চুই চাবলৈ যিদৰে তাইৰ মন উন্মনা নহয় একেদৰে ফৰকাল আকাশখনত তিৰবিৰাই থকা তৰাবোৰ দেখিও তাই আগৰ দৰে আপোন পাহৰা নহয়।

ঘৰুৱা সহায়কাৰী মুনমীয়ে মতাত সুকন্যাই চকীৰ পৰা উঠি লেহেমীয়া খোজেৰে ঘৰৰ ভিতৰলৈ সোমাই আহিল।মুনমীয়ে ইতিমধ্যে কোঠাৰ লাইটবোৰ জ্বলাইছে।সুকন্যাই দেৱালত ওলমি থকা ঘড়ীটোলৈ চালে;ছয় বাজি পোন্ধৰ মিনিট পাৰ হ'ল।পোনে পোনে তাই বাথৰুমৰ দিশে খোজ দিলে।গোঁসাইৰ থাপনাত চাকিগছ জ্বলাবলৈ আছে।মুখ-হাতখিনি ধুই ল'ব লাগিব।

ঃ বাইদেউ আপোনাক কেইবাবাৰো মাতিছিলোঁ। কিন্তু আপুনি উঠি নহা কাৰণে গোসাঁই থাপনাৰ চাকিগছ ময়ে জ্বলাই দিলোঁ।

সুকন্যাই বাথৰুমৰ পৰা ওলাই অহাৰ লগে লগে মুনমীয়ে ক'লে।সুকন্যাই মুনমীৰ মুখলৈ চাই সন্মতি সূচক ভাৱত মূৰটো সামান্য লৰাই ক্ষন্তেকৰ বাবে চকুহাল মুদি নেদেখাজনক সোঁৱৰিলে। ইমান কষ্ট;ইমান যন্ত্ৰণা! এই সকলোবোৰ কষ্ট দেখোন তেৱেঁই দিছে। তথাপি তাই কিয় জানো তেওঁক অৱজ্ঞা কৰাৰ কথা ভাবিব নোৱাৰে। 
এৰা!কষ্ট যিদৰে দিছে একেদৰে কষ্টবোৰ সহ্য কৰিব পৰাকৈ তেওঁ তাইক শক্তিয়ো দিছে।

ঃ বাইদেউ আহক...চাহকাপ খাই লওক...

সুকন্যাই ডাইনিং টেবুলৰ কাষ‌ পোৱাৰ আগতেই মুনমীয়ে চকী এখন টানি বহিব পৰা কৰি দিলে।সুকন্যাই সেই চকীখনতে বহিল।লগে লগে মুনমীয়ে তাইলৈ গাখীৰ এগিলাছ আৰু খোলাচাপৰি পিঠা দুখন আগবঢ়াই দিলে।সুকন্যাই মুনমীৰ মুখলৈ চালে। এই ছোৱালীজনীয়ে তাইৰ কাৰণে কি কি নকৰে!

ঃ বাইদেউ প্লীজ... এইখিনি খাওকচোন। আজি দিনটো আপুনি ভালকৈ একোৱেই খোৱা নাই।

সুকন্যাই কিবা কোৱাৰ আগতে মুনমীয়ে ধৰফৰাই কৈ উঠিল। মানুহৰ মৰম আৰু হেঁপাহক অৱজ্ঞা কৰাৰ সাহস সুকন্যাৰ নাই। সামান্য হাঁহি তাই পিঠা এখন আৰু গাখীৰৰ গিলাছটো হাতত তুলি ল'লে।মুনমীয়েও চাহৰ কাপটো হাতত লৈ গৈ টি.ভিৰ চুইছটো অন কৰিলে।

এই সময়খিনি মুনমীৰ একান্ত নিজৰ সময়। এতিয়াৰ পৰা চাৰে ন বজালৈকে ৰং, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হোৱা অসমীয়া ধাৰাবাহিকসমূহ তাই এফালৰ পৰা উপভোগ কৰিব। এইখিনি সময়ত তাইক কোনোবাই কিবা কৈ থাকিলেও তাই বিশেষ গুৰুত্ব নিদিয়ে।

গাখীৰ গিলাছ শেষ কৰি সুকন্যা নিজৰ বিছনালৈ গ'ল।
লাহে লাহে তাইৰ দেহটো গধূৰ হৈ আহিছে।আৰু কেইটামান দিনৰ পাছতেই আঠমাহ সম্পূৰ্ণ হ'ব। তাই বিছনাৰ হেডবক্সত গাৰু এটা আউজাই লৈ গাৰুটোত ভৰ দি বহি জুৰি বৰা বৰগোহাঞি ৰচিত 'নাংফা' উপন্যাসখন হাতত তুলি ল'লে। বৰগোহাঞি ৰচিত 'নাংফা' এখন বুৰঞ্জীমূলক উপন্যাস।নাংফা মানে হৈছে ৰাজকুমাৰী। আহোম ৰাজকুমাৰী জয়মতীৰ জীৱনৰ আধাৰত ৰচিত হৈছে এই উপন্যাসখন।

প্ৰেমে মানুহক সাহস দিয়ে।প্ৰেমে মানুহক শক্তিশালী কৰি তুলে। প্ৰেমৰ বাবে মানুহে নিজৰ জীৱনকো সমৰ্পণ কৰিব পাৰে।চাওদাংয়ে কিমান কষ্ট দিছিল জয়মতীক!
তথাপি জানো জয়মতীয়ে দিছিল চাওদাংক গদাপাণিৰ ঠিকনা?

উপন্যাসখন সুকন্যাই আগতে কেইবাবাৰো পঢ়িছে।পুনৰ এবাৰ পঢ়িম বুলি ভাবিছিল যদিও কিয় জানো তাইৰ পঢ়িবলৈ মন নগ'ল।হাতৰ পৰা কিতাপখন নমাই থৈ তাই পেটটোত হাত ফুৰালে। গৰ্ভস্থ সন্তানেও চাগে অনুভৱ কৰিব পাৰে পিতৃ-মাতৃৰ স্নেহময় স্পৰ্শ। এফালে পেটটো সামান্য ওফন্দি উঠিল।

এই সময়ত সুধীৰ কাষত থকা হ'লে কি কৰিলেহেঁতেন!
নিশ্চয় পেটটোত টপককৈ চুমা এটা খালেহেঁতেন। 

সুধীৰৰ মুখখন তাইৰ দুচকুত ভাঁহি উঠিল।সুধীৰ সুকন্যাৰ প্ৰেমিক নাছিল।মাক-দেউতাকৰ পচন্দ অনুসৰি তাই সুধীৰৰ সৈতে বিয়া হৈছিল। কিন্তু বিয়াৰ প্ৰথম নিশাই সুধীৰে তাইক নিজৰ প্ৰেমত পেলাইছিল। সেইনিশা তাই খুব ভয় খাইছিল। এজন অচিনাকী পুৰুষ; নাজানে তাই তেওঁৰ আচাৰ-ব্যৱহাৰ।অথচ তাই নিজক সমৰ্পণ কৰিব লাগিব সেইজন পুৰুষৰ ওচৰত।

"এটা ছাতি হৈ আজীৱন তোমাক ৰ'দ বৰষুণৰ পৰা আঁতৰাই ৰাখিম বুলি মই কথা দিছোঁ। সেই কথা মই ৰাখিম। কিন্তু যেতিয়ালৈকে তুমি মোক তোমাৰ হৃদয়ত স্থান নিদিয়া তেতিয়ালৈকে মই তোমাৰ আঙুলি এটাও স্পৰ্শ কৰিব নোৱাৰিম।"

আকুলতাৰে কোৱা কথাখিনিত কিবা এক সন্মোহন আছিল। কথাখিনিয়ে সুকন্যাক মুগ্ধ কৰিছিল।তাইৰ হৃদয়ত থকা ভয় শংকা সকলো আঁতৰি গৈছিল। স্বস্তিৰ উশাহ লৈছিল তাই। নিদ্ৰামগ্ন সুধীৰৰ বুকুত তাই নিজে মূৰটো গুজি দিছিল।

সেমেকি অহা চকুযুৰি মচি তাই দেৱালত ওলমি থকা সুধীৰৰ ফটোখনলৈ চালে। হাঁহি থকা এখন মুখ।

"সোণ দেউতাৰ নিচিনা এখন উজ্জ্বল মুখৰ, এটা স্বচ্ছ মনৰ অধিকাৰী হ'বা দেই।"

সুকন্যাই পুনৰ পেটটোত হাত ফুৰালে। সিহঁতৰ সন্তানটো সুধীৰৰ নিচিনা হোৱাটো তাই অন্তৰৰে কামনা কৰে। বিয়াৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পাছত সুখেৰে ভৰি থকা সিহঁতৰ কণমানি সংসাৰখন সিহঁতে অকণমান ডাঙৰ কৰাৰ প্ৰয়াস কৰিছিল। 

কিন্তু সিঁহতৰ সেই সপোন পূৰ্ণ নহ'ল। বিপৰীতে দুয়োৰে মূৰৰ ওপৰত বলিল এজাক আবতৰীয়া ধুমুহা।সুধীৰৰ দেহত ধৰা পৰিল মাৰাত্মক কৰ্কট ৰোগ। ধুমুহাজাকে দুয়োৰে জীৱন থানবান কৰিলে।দুয়ো ভাগি পৰিল। 
সপোনবোৰ চূৰমাৰ হ'ল।

তাৰ পাছতো সুধীৰৰ বুকুত বাজি থাকিল দেউতাক হোৱাৰ সুৰীয়া গানটো। সি এটা সন্তানৰ দেউতাক হ'ব বিচাৰে। কিন্তু কেমোথেৰাপি আৰম্ভ কৰাৰ পাছত সেয়া সম্ভৱ নহ'বও পাৰে।কেমেথেৰাপি‌ লোৱাৰ পাছত পুৰুষৰ স্পাৰ্ম(শুক্ৰাণু)আগৰ নিচিনা সক্ৰিয় হৈ নাথাকে বুলি সি শুনিছে।তাৰ কথাখিনি শুনি এনকলজিষ্টজনে সুকন্যাৰ মুখলৈ চালে।লগে লগে তাই না কৰিলে।এই সময়ত তাই সন্তানৰ কথা ভাবিব নোৱাৰে। তাইৰ বাবে সুধীৰৰ জীৱনতকৈ সন্তান এটা বেছি প্ৰয়োজনীয় নহয়।

এনকলজিষ্টজনে বৃদ্ধা আৰু মধ্যমা আঙুলিৰে নিজৰ কপালখন মোহাৰি মোহাৰি কিছুসময় সুকন্যা আৰু সুধীৰ দুয়োৰে মুখলৈ চাইছিল। তাৰ পাছত তেওঁ In vitro fertilization চমুকৈ IVF ব্যৱস্থাৰ বিষয়ে কৈছিল।IVF ব্যৱস্থাৰ দ্বাৰা যিকোনো পুৰুষ নাৰীয়ে ইচ্ছা কৰিলে নিজৰ  স্পাৰ্ম(শুক্ৰাণু) বা এগ' (ডিম্বাণু) দহবছৰলৈকে ফ্ৰীজিং কৰি ৰাখিব পাৰে। এগৰাকী নাৰীৰ গৰ্ভধাৰণৰ উপযুক্ত বয়স ২০ বছৰৰ পৰা ৩০ বছৰ বুলি ধৰা হয়। কিন্তু আজিকালি সৰহসংখ্যক নাৰীয়ে ত্ৰিশ বছৰৰ পাছতহে বিবাহৰ কথা চিন্তা কৰে। তাৰ পাছতো যদি বিভিন্ন কাৰণত নাৰীগৰাকীয়ে দেৰিকৈ গৰ্ভধাৰণ কৰাৰ কথা ভাৱে তেতিয়া তেওঁ ইচ্ছা কৰিলে নিজৰ এগ' ফ্ৰিজিং কৰি ৰাখিব পাৰে। পুৰুষৰ ক্ষেত্ৰতো কথাটো একে।

IVF ব্যৱস্থাই অকল জৈৱিকভাৱে পিতৃ-মাতৃ হ'ব নোৱাৰা দম্পত্তীকে যে সন্তানৰ মুখ দেখুৱাইছে এনেকুৱা নহয়; এই ব্যৱস্থাৰ দ্বাৰা বহুত স্বামীহীনা, ডিভোৰ্চী , অবিবাহিত নাৰীয়েও সন্তানৰ মাক হৈছে। তেওঁলোকে অৱশ্যে স্পাৰ্ম কিনিবলগা হয়।সেয়া কিন্তু নাৰীগৰাকীয়ে নিজে কিনিব নোৱাৰে।IVF treatment Clinic হে তাৰ সকলো ব্যৱস্থা কৰে।ডনাৰৰ পৰা অনা স্পাৰ্মখিনিৰ সৈতে নাৰীগৰাকীৰ ডিম্বাণু পৰীক্ষাগাৰত সংমিশ্ৰণ ঘটাই ভ্ৰূণৰ সৃষ্টি কৰা হয়।
তাৰ পাছত ভ্ৰূণটো নাৰীগৰাকীৰ জৰায়ুত স্থাপন কৰা হয়।
স্বামী-স্ত্ৰীৰ ক্ষেত্ৰতো ভ্ৰূণ স্থাপনৰ ব্যৱস্থাটো একে। IVF ব্যৱস্থাৰ দ্বাৰা মেন'পজৰ পাছতো বহুত নাৰীয়ে গৰ্ভধাৰণ কৰিছে। তাৰ বাবে কিন্তু তেওঁলোকে স্পাৰ্মৰ লগতো এগ' ও ডনাৰৰ পৰা ল'ব লগা হয়।

১৯৭৮ চনত ইংলেণ্ডত আৱিস্কৃত এই চিকিৎসা পদ্ধতি এতিয়া গোটেই বিশ্বত বহুলভাৱে প্ৰসাৰিত যদিও ই অধিক ব্যয়বহুল। আৰু ইয়াৰ সফলতাৰ হাৰো তেনে নগন্য।

এনকলজিষ্টজনে কোৱা কথাখিনি সুকন্যা আৰু সুধীৰে মন্ত্ৰমুগ্ধ হৈ শুনিছিল।শেষত ডাক্তৰজনে অধিক জানিবলৈ বুলি সিহঁতক এজন IVF বিশেষজ্ঞৰ ঠিকনা দিছিল।
পিছদিনাই সুধিৰে IVF বিশেষজ্ঞজনৰ ওচৰলৈ গৈছিল।সুধীৰৰ আগ্ৰহক নেওচা দিব নোৱাৰি সুকন্যায়ো সুধীৰৰ সৈতে গৈছিল।IVF ব্যৱস্থাৰ বিষয়ে এনকলজিষ্টজনে নোকোৱা বহু কথা সিহঁতে পিছদিনা IVF বিশেষজ্ঞজনৰ পৰা শুনিছিল। 

সুধীৰে নিজৰ স্পাৰ্ম ফ্ৰিজিং কৰাৰ কথা কৈছিল। সুকন্যাই খৰচৰ কথা চিন্তা কৰি এগ ফ্ৰিজিং নকৰাৰ সিদ্ধান্ত লৈছিল যদিও সেই কথা সুধীৰে নামানিলে। শেষত স্বামী-স্ত্ৰী দুয়োৰে স্পাৰ্ম আৰু এগ' ফ্ৰিজিং হৈ গৈছিল।

সুকন্যাৰ অন্ঠ-কন্ঠ শুকাই যোৱা যেন অনুভৱ হ'ল। কথাবোৰ ভাবি থাকোঁতেও দেখোন তাইৰ আজি ভাগৰ লাগিছে।বেডচাইড টেবুলত থকা পানীৰ বটলটো হাতত লৈ তাই গোটেই বটল পানী পী পেলালে।

স্পাৰ্ম আৰু এগ' ফ্ৰিজিং কৰাৰ এসপ্তাহৰ পাছতে সিহঁতে মুম্বাইলৈ উৰা মাৰিছিল। মুম্বাই টাটা মেমৰিয়েল হস্পিটেলত সুধীৰৰ চিকিৎসা আৰম্ভ হৈছিল। পাৰ হৈছিল এটা বছৰ।এটাৰ পাছত এটাকৈ কেইবাটাও কেম'থেৰাপি সুধীৰে লৈছিল। কিন্তু...!

সুকন্যাই পুনৰ চকুহাল মুদি দিলে। আজি তাই চকুপানীক বাধা দি ৰাখিব পৰা নাই।দুগালেৰে অহৰহ বৈ আছে এখন পাৰভঙা বিষাদৰ নৈ।

সুধীৰ গুছি গৈছিল সুকন্যাই ঢুকি নোপোৱা দূৰত্বলৈ। কিন্তু তাৰ সপোনটো সুকন্যাৰ নিচেই কাষতে ৰৈ গৈছিল। তাই তাইৰ আৰু সুধীৰৰ মাক-দেউতাকৰ আগত IVF ব্যৱস্থাৰ কথা বৰ্ণনা কৰি সিহঁত দুয়োৱে যে ইতিমধ্যে এগ' আৰু স্পাৰ্ম সংৰক্ষণ কৰিছে সেইকথা জনাইছিল। কিন্তু দুয়োহাল মাক-দেউতাকে তাইৰ কথা মানি নল'লে। পুৰুষ এজনৰ অবৰ্তমানত তেওঁৰ বীৰ্যৰে কোনোবা এগৰাকী নাৰীয়ে গৰ্ভধাৰণ কৰিব পৰাৰ উপায় বিজ্ঞানে আবিষ্কাৰ কৰিলেও ৰক্ষণশীল সমাজখনৰ বহু মানুহে এতিয়াও সেই কথা মানি নল'ব। গতিকে সুকন্যাক তেনেকুৱা এটা কাম কৰাৰ অনুমতি দি তেওঁলোকে সমাজৰ ৰোষত পৰিব নোৱাৰে।

সুধীৰৰ মাক-দেউতাকে সুকন্যাক অনাথ শিশু এটা তুলি ল'বলৈ পৰামৰ্শ দিয়াৰ বিপৰীতে সুকন্যাৰ মাক-দেউতাকে তাইৰ পুনৰ বিবাহৰ কথাহে কৈছিল। কিন্তু সুকন্যাই শাহুৱেক-শহুৰেক অথবা মাক-দেউতাক কাৰোৰে কথা মানি নল'লে। মানুহবোৰ গুছি যায়। কিন্তু তেওঁলোকৰ সপোনবোৰ ৰৈ যায় প্ৰিয়জন কাষত।সুকন্যাৰ কাষত সুধীৰ নাই। কিন্তু তাইৰ বুকুত শিপাই আছে তাৰ সপোনটো। তাতে তাৰ সপোনটো পুৰাব পৰাকৈ সি সুকন্যাক বাট এটা কাটি দি থৈ গৈছে।

কাৰো কথা নামানি সুকন্যাই IVF বিশেষজ্ঞগৰাকীকৰ ওচৰলৈ দৌৰিছিল। খৰচৰ কথা অথবা সমাজৰ কথা তাই মুঠেও চিন্তা কৰা নাছিল। খৰচ কৰিব পৰাকৈ তাইৰ হাতত কিছু পৰিমাণৰ জমা টকা আছিল। তাতেই মাহেকীয়া দৰমহাটো আছে। বাকী সমাজ!সুধীৰে জীৱন-মৰণৰ যুঁজ দি থকা সময়ত ক'ত গৈছিল সেইখন সমাজ! কিয় তাক এষাৰ মাত দিবলৈও সময় নাছিল তেওঁলোকৰ?
তদুপৰি তাই কোনো আইন বহিৰ্ভূত কাম কৰিবলৈ ওলোৱা নাই। ভাৰত চৰকাৰে ১৯২১ চনত প্ৰৱৰ্তন কৰা Assisted Reproductive Technology চমুকৈ ART আইনৰ দ্বাৰা যিকোনো অকলশৰীয়া ইচ্ছুক নাৰীক IVF ব্যৱস্থাৰ যোগেদি মাক হোৱাৰ স্বাধীনতা প্ৰদান কৰিছে। সেই সময়ত সুকন্যাৰ মাথোঁ এটাই চিন্তা হৈছিল;সেয়া IVF ৰ সফলতাৰ হাৰ। কিন্তু নেদেখাজনৰ হয়তো তাই প্ৰতি কৃপা বৰষিছিল। ডাক্তৰে এবাৰতে তাইৰ গৰ্ভত ভ্ৰূণ স্থাপন কৰিবলৈ সক্ষম হৈছিল।

ফোনটো ভাব্ৰেট হোৱাত সুকন্যা সচকিত হৈ উঠিল।নিজৰ মনৰ অস্থিৰতাবোৰ তাই আচলতে কাকো দেখুৱাব নিবিচাৰে।মাকে ফোন কৰিছে। সমাজৰ এচাম শিক্ষিত মানুহে তাইৰ ওপৰত এতিয়া সন্দেহৰ দৃষ্টি ৰাখিলেও তাইৰ অল্পশিক্ষিত মাক-দেউতাক দুহালে কিন্তু তাইক অকলশৰীয়া কৰা নাই। প্ৰথম অকণমান বিৰোধিতা কৰিছিল যদিও পিছলৈ হয়তো তেওঁলোকে কথাটো বুজি পাইছিল। গৰ্ভধাৰণৰ খবৰটো পোৱাৰ পাছতে দুয়োহাল মাক-দেউতাক তাইৰ ওচৰলৈ দৌৰি আহিছিল। তেতিয়াৰে পৰা আজিলৈকে তেওঁলোক তাইৰ সাহস হৈ আছে।
চকুহাল মোহাৰি তাই মাকৰ ফোনটো ৰিচিভ কৰিলে।

লেখিকাৰ ঠিকনাঃ নলবাৰী।

অঙ্গন:  পৃষ্ঠাঃ 36
পৰশমণি

মূল হিন্দী : মুলাকাত
লেখক  : সুশান্ত সুপ্ৰিয়

ৰূপান্তৰ: জয়ন্তীমালা বৰপূজাৰী

শতাব্দী এক্সপ্ৰেছখন নতুন দিল্লী ষ্টেচন আহি পাবৰ হৈছে। ওপৰৰ বাঙ্কৰৰ পৰা চুটকেচ আৰু বেগ নমাই চীটৰ কাষতে থ'লোঁ। কাষতে বহা ধুনীয়া যুৱতীগৰাকীৰ কোলাত থকা কেঁচুৱাটোৱে কান্দিলত তেওঁ  ব্লাউজৰ ওপৰৰ বুটাম খুলি তাক গাখীৰ খুৱাবলৈ ধৰিলে। ওচৰে-পাজৰে বহি থকা ডেকাল'ৰাবোৰৰ চকু সেইফালে গ'ল। মই খিৰিকিৰে বাহিৰলৈ চালোঁ। ৰে'ললাইনৰ সিপাৰে ভেকুলীচটাৰদৰে মূৰ ডাঙি উঠা জুপুৰীবোৰৰ কাষেৰে ৰে'লখন গৈ আছিল।
    সুৰভি মোক নিবলৈ আহি ৰৈ আছে চাগে'।
    "শুনকচোন চাৰ, আপুনি প্ৰফেছৰ সিন্হা নহয় জানো?" -বহুত সময় চাই থকাৰ পাছত মোৰ সন্মুখত বহা মানুহজনে সুধিয়ে পেলালে।
    প্ৰথমৰে পৰা মানুহজনৰ চেহেৰাটো চিনাকি যেন লাগিছিল। ভাবিছিলোঁ- কোনোবা পুৰণা ছাত্ৰ হ'ব পাৰে। কিমানবোৰ ছাত্ৰ-ছাত্ৰীক পঢ়ালোঁ, সকলোকেনো কেনেকৈ মনত ৰাখিম? আকৌ ভাবিলোঁ, এনেয়ে কেতিয়াবা ক'ৰবাত লগ পাইছিলোঁ চাগে'। আজিকালি এনেয়ো কথাবোৰ পাহৰিবলৈ লৈছোঁ দেখোন! আগৰেপৰাই অলপ অন্যমনস্ক আছিলোঁ- প্ৰফেছৰ যে! কিন্তু সন্মুখৰ মানুহজনে মোলৈ চিনাকি মানুহৰদৰে চাই আছিল। হয়তো মনত পেলাবলৈ চেষ্টা কৰিছিল।     
    ৰে'লগাড়ীখনে চণ্ডীগড় এৰাৰ পিছতে মই ইণ্ডিয়া টুডে'ৰ 'সাহিত্যবাৰ্ষিকী' উলিয়াই লৈছিলোঁ। গোটেই বাটটো সেইখনকে লুটিয়াই বগৰাই চাই আছিলোঁ। আম্বালা পোৱাৰ পাছত অলপ শুবলৈ চেষ্টা কৰি অলপ আগতেহে চকু মেলিছিলোঁ। পঞ্জাব বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ পি. এইচডি. গৱেষণাপত্ৰৰ "বাহ্যিক পৰীক্ষক" হিচাপে "ভাইভা"ত ভাগ ল'বলৈ গৈছিলোঁ। সেই আপাহতে চণ্ডীগড়ত থকা দুই এজন বন্ধু-বান্ধৱক দেখা কৰি দিল্লীলৈ ঘূৰিছিলোঁ।
    আজাদপুৰ ষ্টেচন এৰি শতাব্দী ঘৰ্ঘৰাই আগুৱাই গ'ল। 
    "ঠিকেই, কিন্তু ..."। মই মানুহজননো কোন মনত পেলাবলৈ চেষ্টা কৰি উত্তৰ দিলোঁ।
    "চাৰ!" মোৰ ভৰি চুই প্ৰণাম কৰি তেওঁ সুধিলে- "চিনি পাইছেনে, চাৰ?"
    আৰু, হঠাৎ মোৰ তেওঁৰ নামটো মনত পৰি গ'ল। সোঁৱৰণিৰ মঞ্চৰপৰা এখন উৱঁলি যোৱা আঁৰকাপোৰ চৰচৰকৈ ওপৰলৈ উঠি গ'ল। মোৰ সন্মুখত সেয়া বলৱন্ত। বলৱন্ত ঠাকুৰ। হয়, তেৱেঁই। তেওঁক কেনেকৈ পাহৰিব পাৰোঁ? কিন্তু সময়োতো বহুত হ'ল; কাৰোবাক পাহৰিবৰ কাৰণে বিশ বছৰ নিচেই কম সময় নহয়। ..
   এম. এ. পাছ কৰাৰ পিছতে চহৰৰ বেচৰকাৰী কলেজ এখনত প্ৰবক্তা হিচাপে নতুনকৈ নিযুক্তি পাইছিলোঁ। অলপ সময়ৰ ভিতৰতে কলেজত মোৰ এক নিজা পৰিচয় গঢ় লৈ উঠিছিল। মোক সকলোৱে বৰ "ষ্ট্ৰিক্ট" বুলি জানিছিল। মই ডিউটিত থাকোঁতে পৰীক্ষাহলত কোনোবাই নকল কৰাৰ কথা ভাবিবই নোৱাৰিছিল। মই পঢ়োৱাৰ সময়ত শ্ৰেণীত কাঁহ পৰি জীণ যোৱা নিৰৱতা থাকিছিল।  কেতিয়াবা আন শ্ৰেণীৰ ছাত্ৰও অনুমতি লৈ মোৰ পঢ়োৱা শুনিবলৈ আহিছিল। ধেমালি-ধুমুলা নকৰিছিলোঁ যে তেনেও নাছিল। নাছিৰুদ্দিন আৰু ওশোৰ কৌতুক মোৰপৰাই প্ৰথম শুনা বুলি মোৰ বহুত পুৰণা ছাত্ৰই সাক্ষ্য দিব। কিন্তু কাৰো বদমাশী মই সহ্য কৰিব নোৱাৰিছিলোঁ। ডেকা তেজ। নতুন চাকৰি। কেইমাহমানৰ আগতে মাত্ৰ সুৰভিৰ লগত বিয়া হৈছে। কলেজৰ জনপ্ৰিয় শিক্ষকৰ অন্যতম। দবাখেল আৰু টেবুল টেনিচৰ দায়িত্বত আছিলোঁ। ছাত্ৰ-ছাত্ৰীক কুইজ, আকস্মিক বক্তৃতা, তৰ্কপ্ৰতিযোগিতা আদিৰ প্ৰশিক্ষণ দিছিলোঁ। ছাত্ৰ-ছাত্ৰী মোৰ গুণমুগ্ধ আছিল আৰু সহকৰ্মীসকলে ঈৰ্ষাৰ চকুৰে চাইছিল।  তেনে সময়তে কলেজত 'বলৱন্ত ঠাকুৰকাণ্ড' ঘটিছিল। ..
   " ... চাৰ, আপুনি হয়তো মোক চিনি নাপায়।"
   "হয়নে"?
   "মোৰ নাম বলৱন্ত ঠাকুৰ।" ..
    বছৰেকীয়া পৰীক্ষা। হলত দুশ পৰীক্ষাৰ্থী বি. এ. ফাইনেলৰ ইতিহাসৰ প্ৰশ্নকাকত লৈ বহিছে। আমি চাৰিজন প্ৰাধ্যাপক নিৰীক্ষকৰ দায়িত্বত। হলটোত গুঞ্জৰি উঠিল- "আৰু মাত্ৰ এঘণ্টা সময় বাকী আছে"।
    পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই ঘোষণা কৰি দিছিলোঁ যে "সাৱধান হ'বা যাতে তোমালোকৰ লগত কোনো ধৰণৰ কাগজপত্ৰ বা আন অনুচিত বস্তু নাথাকে। নিজৰ নিজৰ পেণ্টৰ জেপ আৰু বহা ঠাইৰ ওচৰে-পাজৰে চাই লোৱাঁ। অনুচিত কিবা থাকিলে আমাক আগতেই দি দিয়াঁ। আশা কৰিছোঁ তোমালোক সকলো সৎ পথত থাকিবা আৰু কোনেও নকলৰ সহায় নোলোৱাঁ।"
    এই ঘোষণাৰ পাছতো কেইজনমান ছাত্ৰ নকল কৰোঁতে হাতে-লোটে ধৰা পৰিছিল। এজন ছাত্ৰক মই নিজে প্ৰস্ৰাৱাগাৰৰ ওচৰত সহায়কাৰী পুস্তিকাৰ পাত লুটিয়াই থাকোঁতে ধৰিছিলোঁ। "কেছ"বোৰ তৈয়াৰ কৰি দোষী ছাত্ৰক পৰীক্ষাহলৰপৰা উলিয়াই দিয়া হৈছিল। নীলা জীনচ আৰু বগা টিচাৰ্ট পিন্ধা, নিজকে বৰ স্মাৰ্ট বুলি ভবা ছোৱালী এজনীয়ে "মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ কৈ দিয়কচোন, চাৰ!" বুলি অনুনয় কৰোঁতে মই এনেকুৱা ধমক লগাইছিলোঁ, তাইৰ স্মাৰ্টনেচ থিতাতে মাটিৰ লগত মিলি গৈছিল। 
    সন্মুখৰ বেঞ্চত বহা ল'ৰা এজনৰ ওপৰত মোৰ বহুত সময়ৰপৰা সন্দেহ হৈছিল। দেখাতে গুণ্ডাৰ নিচিনা। চাৰ্টৰ বুকুৰ বুটাম খোলা। মই এটা বুদ্ধি কৰিলোঁ। আগৰদৰেই তাৰ কাষেৰে হলৰ পাছফালে অলপ গৈয়ে ঘূৰি তাৰফালে আহিলোঁ। সি জেপৰপৰা নকলৰ টুকুৰা উলিয়াই লৈছিল। হঠাৎ তাৰ ওচৰত ৰৈ ক'লোঁ- "থিয় হোৱাঁ। এইবোৰ কি? নকল কৰিছা?" তাৰ হাতৰপৰা কাগজবোৰ লৈ ল'লোঁ। কোনোবা সস্তীয়া সহায়িকাৰপৰা ফালি অনা পৃষ্ঠা। ভাবিছিলোঁ সি মিনতি কৰি ক'ব- "এইবাৰলৈ এৰি দিয়ক চাৰ; আগলৈ এনে কাম নকৰোঁ"। কিন্তু সিও দাগী বদমাশ আছিল। মোৰ চকুত চকু থৈ ক'লে- "চাৰ, আপুনি হয়তো মোক চিনি নাপায়। মোৰ নাম বলৱন্ত ঠাকুৰ"।
    অ'! এইটোৱেই তেনেহলে প্ৰিন্সিপালৰ ভাগিনীয়েক। ল'ৰাটোৱে শ্বেক্সপীয়েৰৰ 'নামতনো কি আছে?' কথাষাৰক বুঢ়াআঙুলি দেখুৱাই দিলে।
    "নামটো ভালেই, কিন্তু কামহে ভাল নকৰিলা।" মই শান্তভাবে ক'লোঁ। তেতিয়ালৈকে "কি হ'ল,  কি হ'ল " বুলি বাকী তিনিজন সহকৰ্মী আহি ওচৰ পালেহি।
    " এফালে নকল কৰিছা, তাৰ ওপৰত আকৌ ধমকি দিছা? এতিয়াই তোমাৰ কেছ তৈয়াৰ কৰি আছোঁ, ৰ'বা।" - মই ক'লোঁ।
    "ভাবি চাওক, চাৰ; কথা কিন্তু ভাল নহ'ব!" 
    পৰিৱেশ গহীন হৈ আহিল। ভেণ্টিলেটৰত বহি থকা পাৰ এটা পাখি ফৰফৰাই উৰি গ'ল। আন ছাত্ৰ-ছাত্ৰীবোৰে লিখিবলৈ এৰি আমালৈ চাই আছিল। 
   ল'ৰাটোক লাজ-মানৰ দোহাই দি গুণ্ডামী কৰাৰ কাৰণে, মোক ভয় দেখুওৱাৰ কাৰণে বহুত কিবাকিবি ক'ব পাৰিলোঁহেঁতেন। বা তাৰ দাদাগিৰিলৈ ভয় কৰি বহীখন ঘূৰাই দিব পাৰিলোঁহেঁতেন। কাৰণ সি ছয় ফুট ওখ এটা পালোৱান আছিল। সি প্ৰিন্সিপালৰ ভাগিনীয়েক আছিল। সিদ্ধান্ত ময়েই ল'ব লাগিব। 
    "ওঁ! তেন্তে তুমি গুণ্ডাগিৰি কৰিবা? মোক মাৰিবা? ভালে ভালে ইয়াত চহী কৰাঁ। তুমি নকল কৰি ধৰা পৰিছা, আৰু মই তোমাৰ কেছ লিখিছোঁ।" মই অলপ টানকৈ ক'লোঁ।
    তাৰ মুখ কেঁহেৰাজবটা যেন হ'ল। 
    "প্ৰফেছৰ চাহাব, বাদ দিয়কচোন। নিজৰে ল'ৰা। বেলেগ এখন বহী দি দিওঁ। আকৌ লিখিব। মিছামিছি কথা বঢ়াই লাভ কি? তাতে আকৌ আমাৰ প্ৰিন্সিপালৰ ভাগিনীয়েক।" -গণিতবিভাগৰ অনুপে মোক বুজাবলৈ ধৰিলে।
    ৰাজনীতিবিভাগৰ তিৱাৰীজীয়ে মধ্যস্থতা কৰি ক'লে- "হ'ব দিয়ক, ল'ৰা-ছোৱালীয়ে ভুল কৰেই। এই, বলৱন্ত, চাৰৰ ওচৰত ক্ষমা খোজ"।
    পিছে সিও গোঁৱাৰগোবিন্দ আছিল। একো নকৈ কটমটকৈ মোলৈ চাই থাকিল। ময়ো নাছোড়বান্দা। তাৰ তালাচী ল'লোঁ। আৰু নোটচ্ পোৱা গ'ল। তাৰ বিৰুদ্ধে তৈয়াৰ কৰা কেছত চহী কৰাই ল'লোঁ। চহী কৰিলে, কিন্তু পৰীক্ষাহলৰপৰা ওলাই  যাওঁতে চিনেমাৰ খলনায়কৰ ষ্টাইলত কৈ গ'ল- "চাই ল'ম আপোনাক। শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্কত এতিয়া তেজৰ নৈ ব'ব"।
    কথা তাৰ মানে সিমানলৈকে গৈছে! ওলোটাই চোৰে গিৰিক কিলায়! মনটো বেয়া লাগি গ'ল। আজিকালিৰ শিক্ষাৰ্থী এনেকুৱাইনে? নকল কৰাটো নিজৰ জন্মগত অধিকাৰ বুলি ধৰি লৈছে। এয়াই নেকি শিক্ষকৰ নিয়তি- ছাত্ৰৰ হাতত মৃত্যুৰ ভাবুকি!
    ইয়াৰ মাজতে চুপাৰিণ্টেণ্ডেণ্ট শ্ৰীঅৰবিন্দও আহি পালে। তেওঁ ক'লে- "মিছাকৈয়ে ঘটনাটো আগবঢ়াব নালাগে। এইবোৰ গুণ্ডাৰ লগত লাগি লৈ লাভ কি? এই বদমাশবোৰৰ হাতত চুৰি-টুৰি থাকে। যোৱা বছৰ সি কলেজৰ সন্মুখতে চহৰৰ গুণ্ডাৰ হতুৱাই সংস্কৃত বিভাগৰ শৰ্মাজীক মৰাইছিলে। আপোনাৰ নতুনকৈ বিয়া হৈছে, এইবোৰ জঞ্জালত নোসোমাব। তাতে আকৌ সি প্ৰিন্সিপালৰ ভাগিনীয়েক।"
    মই পিছে এৰি নিদিলোঁ। সিদ্ধান্ত লোৱা হৈ গ'ল। 
"চাওক, এইটো নিয়মৰ কথা। পৰীক্ষাৰ কিছুমান নিয়ম-কানুন আছে। শিক্ষক-ছাত্ৰৰ সম্পৰ্কৰো মৰ্যাদা আছে। নকল কৰিবলৈকে যদি দিব লাগে তেন্তে ইয়াত আপোনাৰ-মোৰ প্ৰয়োজনেই বা কি? আৰু গুণ্ডামীলৈ ভয় কৰা মানে তেনে কামক স্বীকৃতি দিয়া।"
    পৰীক্ষা শেষ হোৱাৰ লগে লগে মই প্ৰিন্সিপালৰ অফিচলৈ গৈ গোটেই ঘটনাটো বিবৰি ক'লোঁ। মই  ক'লোঁ- "চাৰ, আপোনাৰ ভাগিনীয়েকৰ কথা। আপুনি কয় যদি প্ৰমাণৰ এই কাগজবোৰ ফালি কেছটো ইয়াতে ৰফা-দফা কৰিব পাৰোঁ; কিন্তু তেতিয়া নকল কৰা কথাটোত স্বীকৃতি দিয়া হ'ব। কাইলৈ আন কোনোবাই এনে কাম কৰিবলৈ হ'লে আমি বাধা দিব নোৱাৰিম"।
    সেই সময়ত প্ৰিন্সিপালৰ উত্তৰে মোক বহুত সাহস দিলে। তেওঁ ক'লে- "তুমি বৰ ভাল কাম কৰিলা। বলৱন্তৰ কামত ময়ো অতিষ্ঠ হৈছিলোঁ। বিশ্বাস কৰাঁ, তোমাৰ কামত হেতা-ওপৰা নকৰোঁ। তোমাৰ প্ৰতিৰক্ষাৰ কাৰণে পুলিচৰ ব্যৱস্থা কৰোঁ।" 
    মোৰ পুলিচ-টুলিচৰ ঝামেলাত সোমাবৰ অলপো ইচ্ছা নাছিল; পিছে সুৰভিৰ কথা মনত পৰি প্ৰিন্সিপালৰ পৰামৰ্শ মানি ল'লোঁ। পৰীক্ষা শেষ হোৱালৈকে পূৰা এমাহ মোৰ সুৰক্ষাৰ কাৰণে পুলিচ লগত আছিল। বলৱন্তৰ বিৰুদ্ধে নকলৰ কেছ তৈয়াৰ হোৱাৰ কথা কলেজত জুইৰদৰে বিয়পি পৰিল। মই আলোচনাৰ বিষয় হ'লোঁ। ইয়াৰ পাছত গৰমৰ বন্ধৰ সময়তে য়ৰ্ক বিশ্ববিদ্যালয়ত পি. এইচডি. কৰিবৰ কাৰণে মই বৃটিছ স্কলাৰশ্বিপ পোৱাৰ খবৰ আহিল। কলেজ কৰ্তৃপক্ষই শিক্ষায়তনিক ছুটী মঞ্জুৰ নকৰা কাৰণে প্ৰিন্সিপাল চাৰৰ অসন্তুষ্টি আওকাণ কৰি মই চাকৰিৰপৰা ইস্তফা দিলোঁ। সুৰভিক বহুত বুজালোঁ। শিক্ষকতাৰ ভাল চাকৰি এটা এৰি দিয়া কাৰণে বন্ধু-বান্ধৱ আচৰিত হ'ল। কিন্তু মোৰ মূৰত বিদেশৰপৰা পি.এইচডি. ডিগ্ৰী লোৱাৰ ভূত সোমাইছিল। চাকৰি এৰিলত কলেজৰ সহকৰ্মীয়ে উৰাবাতৰি প্ৰচাৰ কৰিলে যে বলৱন্ত ঠাকুৰৰ ভয়ত মই পলাই গৈছোঁ। নাহাঁহি নোৱাৰিলোঁ। সুৰভিয়ে ক'লে, 'ৰাজপথেদি হাতী যোৱা দেখিলে বাটৰ কুকুৰে ভুকেই'। যি কি নহওক, তিনি বছৰ পাছত গৱেষণা সম্পূৰ্ণ কৰি আহি কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত প্ৰাধ্যাপক হিচাপে নিযুক্তি পালোঁ। বলৱন্তৰ লগত আৰু দেখা-সাক্ষাৎ হোৱা নাছিল। ...
    "চাৰ, আপুনি মোক চিনি পাইছেনে?"
    হয়, সিয়েইতো হয়! ভালকৈ চালোঁ।
    "বলৱন্ত। তুমি বলৱন্ত ঠাকুৰ নোহোৱা জানো?" মই ক'লোঁ। ফ্ৰেঞ্চকাট ডাঢ়ি ৰাখিছে। আগতকৈ শকত-আৱত হ'ল। বলৱন্ত আৰু মই  মুখামুখিকৈ বহি আছোঁ। এতিয়া?
    "হয় চাৰ। চাৰ, সেই ঘটনাটোৰ কাৰণে মই বৰ লাজ পাইছোঁ। মোক ক্ষমা কৰি দিবনে চাৰ?"
    তাৰ মানে আমাৰ এনেকৈয়ে দেখাদেখি হ'বলগীয়া আছিল। হঠাৎ। ৰেলগাড়ীত। অনেক বছৰৰ পাছত। জীৱনৰ খেলো বিচিত্ৰ।  ক'ত, কেতিয়া, কেনেকৈ, কাৰ দেখাদেখি হয় কোনেও নাজানে। কোন কিমান সলনি হয় সেইটোও কোনেও নাজানে। কেতিয়াবা ক'ৰবাত কাৰোবাক লগ পাই কিবা ঘটনা ঘটিব পাৰে যাৰ ওপৰত সময়ে ধূলিৰ চামনি পেলাই সকলো ধোৱাঁকোৱাঁ কৰি দিব পাৰে। ইতিহাস হৈ যোৱা সেই ঘটনা মানুহে পাহৰি যায়। আকৌ কেতিয়াবা স্মৃতিৰ আঁৰকাপোৰ তুলি ইতিহাস হৈ পৰা পুৰণি কাহিনী বিজুলীৰদৰে চমকি উঠে।
    "চাৰ, সেইদিনা মই বাস্তৱিকতে বৰ লাজ লগা কাম কৰিছিলোঁ। ক্ষমা কৰি দিবনে?"
    মোৰ কাৰণে সেইটো এটা আনন্দদায়ক বিস্ময় আছিল। এনেকুৱাও হ'ব পাৰে বুলি ভবাই নাছিলোঁ। গাড়ীখন লাহে লাহে প্লেটফৰ্মৰফালে আগবাঢ়িল। 
    "কোনো কথা নাই, বলৱন্ত; যৌৱনৰ উত্তেজনাত আমি কেতিয়াবা নকৰিবলগীয়া কাম কৰি পেলাওঁ। তুমি নিজৰ ভুল বুজিব পাৰিছা, তাতকৈ ভাল কথা আৰু কি হ'ব পাৰে?" -মই উত্তৰ দিলোঁ, আৰু সুধিলোঁ- "আজিকালি পিছে ক'ত থাকাঁ? কি কৰি আছা?"
    "চাৰ, দিল্লীতে কম্বল, শ্বল, গৰম কাপোৰ আদিৰ ব্যৱসায় এটা কৰি আছোঁ। লাজপত নগৰত 'ঠাকুৰ এণ্ড চন্স' নামেৰে দোকান এখন আছে। গ্ৰেটাৰ কৈলাশত সৰু বাংলা এটা আছে। কেতিয়াবা আহিবচোন, চাৰ!"
    গাড়ী ইতিমধ্যে প্লেটফৰ্মত ৰৈছিল। লাহে লাহে মানুহ নামিবলৈ ধৰিছিল। 
    "বলৱন্ত, সেই সময়ত হয়তো মই অলপ বেছি ষ্ট্ৰিক্ট হৈছিলোঁ।" প্লেটফৰ্মত নামি মই ক'লোঁ। -"এতিয়া চুটকেচটো দিয়াঁ।" -নামিবৰ সময়ত বলৱন্তে জোৰ কৰিয়েই মোৰ চুটকেচটো লৈ লৈছিল। 
    "নহয় চাৰ, আপুনি ঠিকেই কৰিছিলে", চুটকেচটো মোৰ হাতত দি তেওঁ ক'লে। -"চাৰ, আজিকালি আপুনি ক'ত থাকে?"
    "মই? ইয়াৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত প্ৰফেছৰ।" কৈ থাকোঁতেই মোৰ কিতাপৰ দোকানৰ কাষত ৰৈ থকা সুৰভি চকুত পৰিল। তেওঁ ইফালে সিফালে চাই যাত্ৰীৰ মাজত মোকেই বিচাৰি আছিল। 
    "জানেনে চাৰ, আপুনিয়েই একমাত্ৰ শিক্ষক আছিল যি মোৰ গুণ্ডামীক প্ৰশ্ৰয় দিয়া নাছিল।" -তেওঁ ক'লে।
    মই মনে মনে থাকিলোঁ।
    "চাৰ, আচলতে মোৰ তেতিয়া এনে এটা মানসিকতা আছিল যে মই গুণ্ডাগিৰি আৰু দাদাগিৰিকে শুদ্ধ পথ বুলি ভাবিছিলোঁ। দেউতা সৰুতেই ঢুকালে। লগ-সঙ্গবোৰো এনেকুৱা আছিল, আৰু কি ক'ম? আপুনি চাগে' ভাবিছে বলৱন্ত ৰাতিটোৰ ভিতৰতে কেনেকৈ সলনি হ'ল? ৰাতিৰ ভিতৰতে নহয়, চাৰ, বহুত কষ্ট ভোগাৰ পাছতহে নিজকে চম্ভালিব পাৰিলোঁ। স্বভাৱ সলনি কৰা সহজ কথা নহয়, চাৰ।"
    বলৱন্তে একমনে কৈ গৈছিল আৰু মই শুনি গৈছিলোঁ।
    "গুণ্ডা-বদমাশৰ চিন্তাধাৰা, সিহঁতৰ মানসিকতাৰ পৰিৱৰ্তন আনি সিহঁতক সুপথে পৰিচালনা কৰিবৰ কাৰণে শাসনৰ প্ৰয়োজন। এইবোৰ আত্মবিশ্বাসৰ খেল। মানুহৰ নিজৰ চিন্তায়েই তেওঁলোকক উন্নতি বা অৱনতিৰ দিশত লৈ যায়।"
    বাপ্ ৰে! বলৱন্ত কিমান বুজন হ'ল! এনে লাগিল যেন মানসিকতা সলনি হোৱাৰ লগে লগে পুৰণা বলৱন্তৰ মৃত্যু হ'ল। নতুন বলৱন্তক লগ পাই মনটো ভাল লাগি গ'ল। 
    "কেতিয়াবা ঘৰলৈ আহিবচোন চাৰ, আপোনাক মই বহুত সন্মান কৰোঁ। পত্নী আৰু সন্তানহঁতৰ লগত চিনাকি কৰাই দি ক'ম বিপথে যোৱা বলৱন্তক শুদ্ধ পথ দেখুৱাই আজিৰ মানুহ হোৱাৰ প্ৰথম পাঠ আপোনাৰপৰাই পাইছিলোঁ।" তেওঁ আৱেগিক হৈ পৰিল। 
    "কেতিয়াবা কিবা কৰিব পাৰোঁ যদি ক'ব, চাৰ।" -বিদায় লোৱাৰ সময়ত তেওঁ আকৌ ক'লে।
    কিনো কৰিবা? সুখে শান্তিৰে থাকিবা, সেয়াই যথেষ্ট। তোমাৰ কাৰণে এতিয়া আশীৰ্বাদহে আছে। -"ঠিক আছে, বলৱন্ত, ভালে থাকিবা। কেতিয়াবা কিবা প্ৰয়োজন হ'লে মোৰ ওচৰলৈ আহিবলৈ সঙ্কোচ নকৰিবা। ভগৱানে তোমাৰ মঙ্গল কৰক।" তেওঁৰ পিঠিত থপথপাওঁতে মোৰো চকু সেমেকি আহিছিল। আজি বলৱন্তক দেখি ভগৱানৰ ওপৰত আস্থা আৰু দৃঢ় হ'ল। এনেকুৱা লাগিল মোৰ প্ৰাধ্যাপকজীৱনে আজি সাৰ্থকতা পালে। এজন ছাত্ৰইও যদি কাৰোবাৰ শিক্ষাৰপৰা জীৱনত প্ৰকৃত জ্ঞান পায় তেন্তে সেইজন সাৰ্থক শিক্ষক। শ্ৰেণীকোঠালৈ গৈ ভাষণ দি, নোটচ লিখোৱাই, টিউচন একাডেমী খুলিলেই কোনোবা প্ৰকৃত শিক্ষক হ'ব নোৱাৰে। "মানুহ" গঢ়াতহে শিক্ষকতাৰ গৌৰৱ।
    "তোমাৰ লগত সেইজন কোন আছিলনো?" -ঘৰলৈ গৈ থাকোঁতে সুৰভিয়ে সুধিলে।
    "এজন পুৰণা ছাত্ৰ, বলৱন্ত। মই তেওঁৰ কথা পাহৰিয়েই গৈছিলোঁ", -মই ক'লোঁ।

অনুবাদকৰ ঠিকনাঃ
নতুন দিল্লী

অঙ্গন: পৃষ্ঠা 37
শেষ পৃষ্ঠাৰ লেখাঃ

আস্থা নে বিশ্বাস !!

আধ্যাত্মিক ভাৱধাৰা মানৱ জীৱনৰ অত্যাৱশ্যকীয় সমল। যি মানুহক জীৱনৰ বাট দেখুৱাই নিয়াত সহায় কৰে। যাৰ প্ৰভাৱত মানুহে কৰ্ম কৰোঁতে চিন্তা-চেতনা জগাই তুলি ভুল-শুদ্ধ বিচাৰৰ দ্বাৰাহে আগবাঢ়ে। গতিকে সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ কিছুমানৰ কৰ্ম কাণ্ডক লক্ষ্য কৰি বহুতেই এই আধ্যাত্মিক চেতনাৰ অভাৱৰ কথা কয়। কিন্তু প্ৰশ্ন হয় এই আধ্যাত্মিক চেতনাৰ বিষয়ত আমি কিমান সজাগ ? এই ক্ষেত্ৰত আমি বিচাৰ বুদ্ধিৰ প্ৰয়োগ কৰোঁনে ? যদি কৰোঁ তেন্তে ধৰ্মৰ নামত বহু সময়ত বহু লোকে অবাটে বাট লওঁ কিয় ? 
ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। কিন্তু সংবিধানে আমাক যদিও ধৰ্ম গ্ৰহণৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰা নাই। তথাপিও আমাৰ বিবেকে বহু সময়ত বহু কামৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে। আচাৰাম বাপু, ৰাধে মা, নিৰ্মল বাবা আদিৰ দৰে বহু ভণ্ড ধৰ্ম গুৰুৰ কৱলত পৰি আমি মানুহকে ভগৱান বুলিছিলো আৰু বহু লোকে এতিয়াও সেই পথেই যাত্ৰা কৰি আছে। এই অত্যাধুনিক যুগত য'ত মানুহে মহাকাশ ভ্ৰমণ কৰি বিজ্ঞানৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিছে। য'ত মানুহেই কৃত্ৰিম বৰষুণ, কৃত্ৰিম উপগ্ৰহকে আদি কৰি AI(Artificial intelligence)ৰ দৰে কৰ্মৰ যোগেদি বিজ্ঞানৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিছে। তেনে ক্ষেত্ৰত মানুহক ভগৱান মানি আমি আমাৰে সভ্যতাক উপলুঙা কৰিছো।
এইটো সত্য যে অদৃশ্য শক্তিৰ শ্ৰেষ্ঠত্বক কোনেও কাহানিও অৱজ্ঞা কৰা নাই আনকি বিজ্ঞানেও। কিন্তু মানুহ ভগৱান ? এই কথাষাৰ কিমান যুক্তি যুক্ত সেই বিষয়ৰ বিচাৰ বিবেচনা কৰিবৰ হ'ল। নহ'লে এচাম স্বয়ংভূ ভগৱানে আমাৰ এচাম লোকক বিপথে পৰিচালিত কৰি আহিছে কৰিয়ে থাকিব। গতিকে এই ধৰ্মৰ ব্যৱসায়ীৰ সকলৰ ওপৰত জনসাধাৰণৰ লগতে চৰকাৰেও চকু ৰখাৰ প্ৰয়োজন।

মঞ্জিত হাজৰিকা 
সহ-সম্পাদক, অঙ্গন
6000709096

অঙ্গন:  পৃষ্ঠাঃ 38


Post a Comment

0 Comments