১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
9678696861/ 6000709096/ 9127564124.
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 জুলাই 2025.
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই।
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন
অঙ্গন: পৃষ্ঠাঃ 5
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 7
👉প্ৰবন্ধ : পৃষ্ঠা-- 8-12
👉ধাৰাবাহিক: পৃষ্ঠা--13
👉অণুগল্প: পৃষ্ঠা: 14--17
👉অনুবাদ সাহিত্য : পৃষ্ঠা--18
👉কবিতা: পৃষ্ঠা--29-31
👉ৰেচিপি: পৃষ্ঠা--32
👉 সাক্ষাৎকাৰ: পৃষ্ঠা --33
👉গল্প: পৃষ্ঠা--34--36
👉শেষ পৃষ্ঠাৰ প্ৰৱন্ধ : পৃষ্ঠা-- 37
অঙ্গন: পৃষ্ঠাঃ 6
অঙ্গন
(মাহেকীয়া ই আলোচনী)
মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ
বেটুপাতৰ শিল্পীঃ
পল্লৱী ডেকা, মৰিগাঁও
বেটুপাতৰ অঙ্গসজ্জাঃ
সুদীপ্ত নয়ন নাথ
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
অঙ্গন: পৃষ্ঠাঃ 7
সম্পাদকীয়ঃ
মানসিক ৰোগী!
২০২২ বৰ্ষৰ ৮ জুন তাৰিখে বিশ্ব স্বাস্থ্য সংস্থা [WHO]ৰ দ্বাৰা প্ৰকাশিত এটা লেখাত এই বুলি উল্লেখ কৰা হৈছে যে বিশ্বত প্ৰতি ৮ জন মানুহৰ বিপৰীতে এজন মানুহ মানসিক বিকাৰগ্ৰস্ত৷ এই মানসিক বিকাৰগ্ৰস্ততাক লেখাটোত দুঃশ্চিন্তা, অশান্তি, অৱসাদ, বাইপোলাৰ, স্কিজ’ফ্ৰেনিয়া, অসামাজিক আচৰণ, স্নায়ুজনিত বিকাৰ আদিৰ দৰে বহুতো গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে গভীৰভাবে আলোকপাত কৰা হৈছে৷
প্ৰসংগক্ৰমে দুটিমান উদাহৰণ উল্লেখ কৰিব বিচাৰিছোঁ৷
১৷ অলপতে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়লৈ মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা ফুৰিবলৈ অহা সদ্য বিবাহিতা এগৰাকী মহিলাই নিজৰ চকুৰ সন্মুখতে আন তিনিজন যুৱকৰ সহায়ত স্বামীক বৰ্বৰভাবে আক্ৰমণ কৰি হত্যা কৰে আৰু আইনৰ মেৰপাকৰ পৰা পলাই ফুৰিবলৈ পাহাৰৰ পৰা দ খাৱৈত স্বামীৰ মৃতদেহটো পেলাই দিয়ে৷ বৰ্তমানেও এই বিষয়টি সন্দৰ্ভত তদন্ত অব্যাহত আছে৷ এই তদন্ততেই অলপতে প্ৰকাশ যে মহিলাগৰাকীয়ে ক্ৰাইম সম্পৰ্কীয় বিভিন্ন চিৰিয়েল, চিনেমা আদি বৰকৈ চাইছিল আৰু এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰিবলৈ এখন হিন্দী চিনেমাৰ পৰা উৎসাহিত হৈছিল৷ এসময়ত এই হত্যাকাণ্ডৰ সকলো কথা নিশ্চয়কৈ পোহৰলৈ আহিব৷ কিন্তু উল্লেখ কৰিব বিচৰা বিষয়টো হৈছে এই মহিলাগৰাকীৰ মানসিক স্থিতি। পৰিস্থিতি যি ধৰণৰে নহওক কিয়, সুস্থ চিন্তাৰ কোনো ব্যক্তিয়ে এনে জঘন্য কাণ্ডৰ বিষয়ে কল্পনাও কৰিব পাৰেনে?
২৷ ঘটনাৰ পটভূমি অসমৰ গুৱাহাটী মহানগৰী৷ মহানগৰীৰে এগৰাকী ভদ্ৰমহিলাই নিজৰেই স্বামীক প্ৰথমে বৰ্বৰভাবে হত্যা কৰি পিছত টুকুৰা টুকুৰকৈ কাটি ছুটকেছত ভৰাই মেঘালয়লৈ ফুৰিবলৈ যোৱাৰ চলেৰে তাত সেই ছুটকেছটো পেলাই থৈ আহে৷ পিছত একেগৰাকী মহিলা নিজৰ শাহুৱেকৰ হত্যাৰ বাবেও দোষী সব্যস্ত হয়৷ এই ক্ষেত্ৰতো আমি সেই মহিলাগৰাকীৰ মানসিক অৱস্থাটোক প্ৰশ্ন কৰিব নোৱাৰোনে? প্ৰকৃততে সুস্থ মানসিক অৱস্থাৰ মানুহ এগৰাকীয়ে এনে ঘৃণনীয় কাম কৰিব পাৰেনে?
৩৷ ঘটনাটো সংঘটিত হৈছিল যোৰহাটত৷ এগৰাকী মাতৃৰ উৱলি যোৱা মৃতদেহটো উদ্ধাৰ হৈছিল নিজৰেই ঘৰৰ এটি কোঠাত৷ চৌদিশে হাহাকাৰ লাগিছিল, মানৱতাৰ এনে চৰম লজ্জাজনক অৱস্থাক ৰাজ্যৰ সকলো স্তৰৰ মানুহে গৰিহনা দিছিল৷ এই ক্ষেত্ৰতো আমি সেই একেটা প্ৰশ্নকে উপস্থাপন কৰিব নোৱাৰোনে? প্ৰকৃততে কোন দিশে ধাৱমান হৈছে আমাৰ চিন্তা চৰ্চা?
এয়া মাথো দুটিমান সৰু বৰ উদাহৰণ৷ দেশখনত এনে ঘটনা নিতৌ সংঘটিত হৈছে যি বাৰে বাৰে জনসাধাৰণৰ মানসিক পংগুত্বৰ দিশটোক প্ৰতিফলিত কৰি আছে৷ বৰ্তমান আমাৰ জীৱনৰ এক অবিচ্চেদ্য অংগ হৈ পৰা সামাজিক মাধ্যমসমূহেও বাৰে বাৰে আমাৰ চৌপাশৰ একাংশ লোকৰ মানসিক বিকাৰগ্ৰস্ত অৱস্থাটোকে প্ৰতিফলিত কৰি থকা নাইনে?
অলপ গভীৰভাৱে চিন্তা কৰি চালেই বুজিব পাৰি যে তথাকথিত আধুনিকতাৰ নামত আমাৰ জীৱন যাত্ৰা কিমান ভয়াৱহ হৈ পৰিছে! আমি লাহে লাহে প্ৰকৃতিৰ পৰা ফালৰি কাটি এটি জটিল জীৱনৰ ফালে ঢাল খাইছো। ফলত আমি প্ৰতি মুহূৰ্তত কিছুমান মানসিক চাপৰ সন্মুখীন হৈছোঁ। এনেকৈয়ে গঢ় লৈছে উঠি অহা প্ৰজন্মটোৰো মানসিকতা। এনে মানসিকতাই আমাৰ সম্পৰ্কবোৰোতো আউল লগাইছে, যান্ত্ৰিকতাই বুকুৰ আপোন সকলকো আঁতৰাই পঠিয়াইছে। এইদৰেই মানসিক চাপত আমি লাহে লাহে হৈ পৰিছো মানসিক বিকাৰগ্ৰস্ত লোক।
সময় থাকোঁতেই আমি কথাবোৰ চিন্তা কৰিবৰ হ'ল। যথাসম্ভৱ ক্ষয়কাৰী মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ আমি নিজকে সৃজনীমূলক কাম কাজৰ লগত জড়িত ৰাখিবলৈ চেষ্টা কৰিবৰ হ'ল। আমি পাহৰি গ'লে নহ'ব যে একমাত্ৰ সৃজনীমূলক কাম কাজ, পঢ়া-শুনা, পৰোপকাৰ, ধনাত্মক চিন্তা-চৰ্চা আদিৰ জড়িয়তেহে আমি আমাৰ মানসিক জগতখন সদায়ে সুন্দৰ কৰি ৰাখিব পাৰিম।
✍হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861
অঙ্গন: পৃষ্ঠাঃ 8
প্ৰৱন্ধঃ
লোক-সংস্কৃতিৰ এক অনন্য উপাদান: ‘সাধুকথা’
নাচিমা য়াছিন
মানৱ জীৱনৰ আটাইতকৈ মধুৰ সময়খিনিয়েই হৈছে শিশুকাল । এই সময়চোৱাই হৈছে কৈশোৰৰ দুৱাৰদলি। সাম্প্ৰতিক ব্যস্ততাপূৰ্ণ যান্ত্ৰিক যুগৰ হেঁচাত শিশুকালৰ ৰসাল জীৱন যেন ম্লান পৰিবলৈ আৰম্ভ কৰিছে। সময় আৰু চৌপাশৰ পৰিৱেশে বৰ্তমানৰ শিশুসকলৰ ৰুচি-অভিৰুচি , অৱসৰ-বিনোদন আদি সকলো দিশতে পৰিবৰ্তন আনিছে । জোনাক নিশাৰ চোতালত বহি আকাশৰ জিলিকা তৰা চাই আইতাৰ মুখেৰে সাধু শুনাৰ কথাবোৰ লাহে লাহে অতীত হৈছে।
সাধুকথা লোক-সংস্কৃতিৰ এক অনন্য উপাদান তথা বিশ্ব সাহিত্যৰ এক অবিচ্ছেদ্য অংগ । প্ৰাচীন কালৰ পৰাই প্ৰত্যেক সমাজতে সাধুকথাই এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। মানৱ সভ্যতাৰ ইতিহাস যিমান পুৰণি, লোকসাহিত্য, সংস্কৃতিৰ ইতিহাসো সিমানেই পুৰণি। লোক মানে লোকসমাজৰ মনোৰঞ্জন আৰু নীতিশিক্ষাৰ বাবে স্বতঃস্ফুৰ্তভাবে প্ৰকাশ কৰা কল্প বা বাস্তৱ জগতৰ মনে সজা অলৌকিক কাহিনীয়েই সাধুকথা। সাধুকথাৰ আভিধানিক অৰ্থ হ’ল সন্ত কথা, উপাখ্যান। অসমীয়া সাধুকথা শব্দটোৱে ইংৰাজী ভাষাৰ Tales, Legends , Fables, Myth আদিকো সামৰি লয়। ড° মহেশ্বৰ নেওগৰ ভাষাত “লোককথা বা সাধুকথাৰ কোনো নিদিষ্ট ৰূপ নাথাকে যদিহে গীতৰ ছন্দত বদ্ধ নহয়। ভাল একোটা কাহিনীৰে একোটা সজ নীতি শিক্ষা কথাক অসমীয়াত সাধুকথা বোলে”।
সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, সাধু কওঁতাই নিজৰ অভিৰুচি আৰু সামৰ্থ অনুসাৰে তাক বৰ্ণাই যায়। সাধুকথাবোৰৰ মাজেৰে প্ৰত্যেক সমাজৰে ইতিহাস, পৰম্পৰা, ভাষা-সংস্কৃতি, লোকাচাৰ আদি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হৈ আহিছে। সাধুকথাৰ মাজেৰে নতুন চামক তেওঁলোকৰ সমাজৰ ৰীতি-নীতি, ঐতিহ্য আদিৰ লগত চিনাকি কৰাই দিয়া হয়। বহু ক্ষেত্ৰত নিজৰ অভিজ্ঞতাসমূহো সাধুকথাৰ চলেৰে অন্যক জনোৱা হয়। সভ্যতাৰ আৰম্ভণিৰ সময়চোৱাত জ্যেষ্ঠ সকলে পৰিয়ালৰ বাকীবোৰক চিকাৰ কাহিনী, জীৱন সংগ্ৰামৰ কাহিনী আদি কৈ পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লোৱাৰ শিক্ষা দিয়াৰ উদাহৰণ পোৱা যায়। জাতিটোৰ বীৰসকলৰ সাহসিকতাৰ কাহিনীবোৰৰ মাজেৰে নতুন চামক জাতীয় চেতনাবোধৰে উদ্বুদ্ধ কৰি তোলা হয়।
সাধুকথা, কাহিনী, উপাখ্যান আদিৰ শিশুৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত ভূমিকা অপৰিসীম। সাধুকথাত গছ-গছনি, জীৱ-জন্তু সকলোৱে কথা কয়। নদ-নদী, পৰ্বত-পাহাৰ, শিল-বালি, চৰাই-চিৰিকটি, প্ৰকৃতি আদি সকলোৱেই প্ৰাণ পাই উঠে। প্ৰকৃতিৰ উপাদানবোৰৰ লগত শিশুৱে একাত্ম হোৱাৰ সুযোগ লাভ কৰে। শিশু মনে কল্পনাৰ আশ্ৰয়ত নেদেখা, নজনাবোৰৰ সম্ভেদ ল’বলৈ ধৰে। সাধুকথাই মানুহক কল্পনা কৰা, চিন্তা শক্তিৰ বিকাশ ঘটোৱাৰ লগতে পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত ল’ব পৰা মানসিকতাৰ গঢ় দিয়ে। সাধুকথাসমূহ নীতিশিক্ষাৰ ভঁৰাল স্বৰূপ। সাধুকথাসমূহৰ মাজেৰে সদায় ভালৰ ফল ভাল আৰু বেয়াৰ পৰিণতি বেয়া হোৱাৰ এক নীতিশিক্ষা থাকে। শিশুমনে সেই বাবে এই সাধুকথাবোৰৰ মাজেৰে বেয়াখিনি বাদ দি ভাল হ’বলৈ যত্ন কৰাৰ এক উপদেশ লাভ কৰে। ভাল চৰিত্ৰবোৰৰ আদৰ্শেৰে নিজৰ জীৱনটো গঢ় দিয়াৰ চেষ্টা আৰম্ভ কৰে।
সাধুকথাৰ নায়কে জীৱনৰ ঘাত-প্ৰতিঘাতবোৰ বহু কষ্টেৰে অতিক্ৰমি শেষত জয়লাভ কৰা দেখি নিজকে আনতকৈ দুৰ্বল বুলি ভবা শিশুবোৰেও নতুন প্ৰেৰণা লাভ কৰে, মনত সাহস আৰু আত্মবিশ্বাস বহু পৰিমাণে বৃদ্ধি পায়। শুনা সাধুকথাবোৰ আকৌ সমনীয়াৰ আগত মনোগ্ৰাহীকৈ ক’বলৈ চেষ্টা কৰাৰ ফলস্বৰূপে শিশুবোৰৰ মাজত বাক্পটুতা তথা কথনশৈলীৰ বিকাশ ঘটে। কল্পনাশক্তিৰ লগে লগে স্মৃতিশক্তিৰো বিকাশ ঘটে আৰু যিকোনো কামত মনোযোগ বৃদ্ধি হৈ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হৈ পৰে। মনোবিজ্ঞানীসকলৰ দৃষ্টিৰেও সাধুকথা সমূহে শিশুৰ মনস্তাত্বিক বিশ্লেষণত অৰিহনা যোগায়। ই শিশুৰ চিন্তাৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে ইয়াৰ ঘটনা, সংঘাত আদিৰ সহায়ত শিশুৱে নিজা অভ্যন্তৰীণ সংঘাত সমূহ বুজিবলৈ চেষ্টা কৰে আৰু ইয়াক দূৰ কৰিবৰ বাবে বুদ্ধি কৌশল আদিৰ প্ৰয়োগ কৰিবলৈ সক্ষম হয়।
বিখ্যাত পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে "পৰীৰ সাধু আৰু শিশুৰ বুদ্ধিমত্তা” সম্পৰ্কে কৈছিল, "আপুনি যদি আপোনাৰ সন্তানক বুদ্ধিদীপ্ত হোৱাটো বিচাৰে , তেন্তে সৰুৰ পৰাই সাধুকথা পঢ়িবলৈ দিয়ক আৰু যদি বেছিকৈ বুদ্ধিদীপ্ত হোৱাটো বিচাৰে, তেন্তে তেওঁক আৰু বেছিকৈ সাধুকথা পঢ়িবলৈ দিয়ক ।"
অসমৰ সাধুকথাৰ ভঁৰাল যথেষ্ঠ চহকী। অসমীয়া সাহিত্য জীয়াই আছে মানে সাধুকথা তথা অন্যান্য লোকসাহিত্যৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। সমাজতত্ত্বৰ অধ্যয়নৰ ফালৰ পৰাও এইবোৰৰ মূল্য উলাই কৰিব নোৱাৰি। এই প্ৰসঙ্গত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”ৰ কথা উল্লেখ কৰিব পাৰি। পুথিখনত বিভিন্ন অসমীয়া গ্ৰামীণ সাধুকথা সংগ্ৰহীত হৈ আছে। বুঢ়ী আইৰ সাধুৰ সমগ্র ৰচনা বা পৰিকল্পনাক এক মনোজ্ঞ গৱেষণামূলক সাহিত্য কর্মৰ আওঁতালৈ আনি কোৱা যায় যে ব্রিটিছ ঔপনিৱেশিক পৰিৱেশত অসমত অসমীয়া ভাষাৰো সম্প্রচাৰ ব্যাপকভাৱে নোহোৱা অৱস্থাত অসমীয়া সমাজৰ মৌখিক কৃষ্টিসমূহক সাহিত্য সচেতন, বৌদ্ধিক সচেতন সাধুকথাৰ ৰূপ দি লক্ষ্মীনাথ বেজবৰুৱাই যি অৱদান অসমীয়া সাহিত্যত আগবঢ়াই গ’ল, তাৰ তুলনা পাবলৈ নাই৷
অসমৰ সাধুবোৰক থলুৱা, সংস্কৃতৰ পৰা অহা আৰু বিদেশী, এই তিনিভাগত ভগাব পাৰি। থলুৱা সাধুবোৰৰ কাহিনী অসম অঞ্চলৰ; সংস্কৃতৰ পৰা অহা সাধুবোৰ হ’ল হিতোপদেশ, পঞ্চতন্ত্ৰ আদি আৰু কিছুমান সাধুৰ মূল কাহিনী মধ্য এছিয়া বা ইউৰোপৰ কাহিনীৰ সৈতে মিলে। সেইবোৰ বিদেশী ।
সাহিত্যৰ অন্য কোনো এটা বিষয়ৰ অনুধাৱন আৰু সাধুকথাৰ অনুধাৱনৰ মাজত মূল পার্থক্যটোৱেই হৈছে যে সাধুকথা পঢ়াতকৈও কোৱাতহে তাৰ মাধুর্য বৃদ্ধি হয় । এই সাধু কোৱা বা শুনা কলাবিধৰ উৎকৰ্ষ সাধনৰ চেষ্টা বৌদ্ধিক মহলে ইতিমধ্যে আৰম্ভ কৰিছে ।
এই চেষ্টাৰ আঁত ধৰিয়েই প্রথমবাৰ আয়োজন কৰা হ’ল চুইডেনত ২০ মার্চ, ১৯৯১ চনত বিশ্ব সাধু কথা দিৱস । ২০ মার্চ দিনটো চুইডেনে প্ৰথমে 'ৰাষ্ট্ৰীয় সাধুকথাৰ দিন' ৰূপে উদযাপন কৰিছিল । চুইদিচ ভাষাত 'Alla berattares dag' নামে আখ্যা দিছিল– অর্থাৎ 'All story tellers day'.
তাৰপাছত ১৯৯৭ চনত অষ্ট্রেলিয়াৰ পাৰ্থত পাঁচ সপ্তাহজোৰা সাধুকথা উদযাপনৰ আয়োজন কৰি তাক আন্তৰ্জাতিক দিৱসৰ ৰূপ দিয়ে । ইয়াৰ পাছত মেক্সিকোত ২০০১ ত, নৰৱেত ২০০২ ত, কানাডাত ২০০৩ ত, ফ্রান্সত ২০০৪ ত আৰু ২০০৬ চনত পাঁচখন মহাদেশৰ ২৫ খন দেশত সাধুকথাৰ দিন হিচাপে এই দিনটো উদযাপিত হয় ৷ বছৰে বছৰে ২০ মার্চত বিশ্ব সাধুকথা দিৱস বিয়পি থাকিল, বিয়পি থাকিল সাধুকথাৰ দেশৰ সাধু৷ ২০ মার্চ স্থিতপ্রজ্ঞৰ দৰে ৰৈ থাকিল৷
বিশ্ব সাধুকথা কোৱা দিৱসটোত প্ৰতি বছৰেই একোটা বিষয় বাছি লোৱা হয়৷ ২০০৪ চনত আছিল চৰাই, ২০০৫ত দলং, ২০০৬ত জোনবাই, ২০০৭ত যাযাবৰ, ২০০৮ত সপোন, ২০০৯ত চুবুৰীয়া, ২০১০ত পোহৰ আৰু ছাঁ, ২০১১ত পানী, ২০১২ত গছ, ২০১৩ত নিয়তি আৰু ভাগ্য, ২০১৪ত দৈত্য বা ৰাক্ষস, ২০১৫ ত আশা, ২০১৬ত শক্তিৰূপিনী নাৰী, ২০১৭ত পৰিৱর্তন৷ ২০১৮ত জ্ঞানী মূর্খ, ২০১৯ত বিশ্বাস, লিজেণ্ড, মহাকাব্য, ২০২০ ত জলযাত্ৰা ,২০২১ ত নতুন আৰম্ভণি, ২০২২ ত হেৰুওৱা আৰু পোৱা, ২০২৩ বৰ্ষত"একেলগে আমি পাৰিম (together we can)",২০২৪ বৰ্ষত ভাতৃত্ববোধৰ চিন্তাৰে ‘সেতু বন্ধন’। আৰু চলিত বৰ্ষৰ অৰ্থাৎ ২০২৫ বৰ্ষৰ বিষয় ৰূপে নিৰ্ধাৰণ কৰা হৈছিল ‘গভীৰ পানী (Deep water) ।
ইতিমধ্যে বিভিন্ন সাহিত্যানুষ্ঠান, গ্রন্থমেলা, শিক্ষানুষ্ঠান আদিত সৰু সৰু ল’ৰা-ছোৱালীবিলাকৰ মাজত সাধুকথা কোৱা প্রতিযোগিতা অনুষ্ঠিত হৈ আহিছে ৷ কিতাপৰ পাতৰ পৰা সাধুকথা ওলাই আহি স্কুলীয়া ল’ৰা-ছোৱালীৰ মুখে মুখে বাগৰিছে ৷ উল্লেখযোগ্য যে ২০০৯ চনৰ পৰা সাধুকথা পৰিবেশনৰ প্ৰশিক্ষণ 'হেৰিটেজ আছাম' নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে ইউনিচেফৰ সহযোগিতাত পৰিচালনা কৰি আহিছে । ২০১১ চনত ‘বুঢ়ী আইৰ সাধু’ৰ শত বৰ্ষৰ লগে লগে অসমত আদৰ কমি অহা সাধুকথাই পুনৰ ঠন ধৰি উঠে । ১৯৩৮ চনৰ ২৬ মাৰ্চত ইহলীলা সম্বৰণ কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সোঁৱৰণত অসমৰ বিভিন্ন ঠাইত ২০১২ চনৰ পৰাই ২০ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ ‘সাধুকথা সপ্তাহ’ ৰূপে উদযাপিত হৈ আহিছে ।
মূলৰ পৰিৱৰ্তন নোহোৱাকৈয়ে কিছু আধুনিকতাৰ পৰশ দিও বৰ্তমানৰ শিশুসকলৰ মনোগ্ৰাহী হোৱাকৈ পৰিবেশন কৰিবলৈ চেষ্টা কৰা হৈছে সাধুকথাবোৰ । টেলিভিচনৰ অতিবাস্তৱ চৰিত্ৰৰ সমাহাৰ কাৰ্টুন সমূহতকৈ সপোনৰ পাখিলগা ঘোঁৰাত উঠি কল্পলোকত বিচৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰি তুলিব লাগিব বৰ্তমানৰ ব্যস্ত তথা যান্ত্ৰিক যুগৰ শিশুসকলক ।
সাধুকথাৰ কাহিনী সমূহে শিশুৰ সৰল মনটোক অধিক প্ৰভাৱ পেলাৱাৰ লগতে পূৰ্বৰ দৰেই আকৰ্ষণ কৰিব বুলি আমাৰ বিশ্বাস ; কিয়নো সময়ৰ দ্ৰুত পৰিবৰ্তনৰ ধাম-খুমীয়াত আমি সকলো পাহৰি গ’লেও শৈশৱৰ সেই প্রিয় সময়খিনিৰ স্বাক্ষৰ বহনকাৰী সাধুকথা ৰূপকথাবোৰ পাহৰি যাব নোৱাৰো । শিশুৰ মনৰ সৰলতা , কৌতুহল আৰু জিজ্ঞাসা স্বাভাৱিকভাবে নিজৰ মনত ধাৰণ কৰি শিশুৰ ভাষাত তাক ৰচনা কৰিব পৰাটোতেই সাধুকথাৰ সাৰ্থকতা। আমাৰ সাতাম পুৰুষীয়া সভ্যতাৰ বাহক এই সাধুকথাবোৰেৰে আমাৰ দৰেই জীপাল হৈ উঠক আজিৰ শিশুৰো সোণোৱালী শৈশৱ ।
ঠিকনাঃ
তিতাবৰ
ডাক- তিতাবৰ-৭৮৫৬৩০
জিলা-যোৰহাট
ফোন- ৮৪৭১৮৯৯১৫৬
Email- yasin.nasima01@gmail.com
অঙ্গন: পৃষ্ঠাঃ 9
ধ্ৰুপদী ভাষা
(প্ৰথম খণ্ড)
প্ৰণৱ ফুকন
৩ অক্টোবৰ, ২০২৪ তাৰিখটো আমাৰ সকলোৰে বাবে অতি গৌৰৱৰ দিন, কাৰণ সেইদিনাই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা প্ৰদান কৰে৷ ব্ৰিটিছৰ শাসনকালত চুবুৰীয়া ৰাজ্যৰ পৰা অহা কৰ্মচাৰীসকলে শাসকসকলক পতিয়ন নিয়াই যে অসমীয়া এটা বেলেগ ভাষা নহয়, বৰং বাংলা ভাষাৰ অপভ্ৰংশহে ৷ ফলত ১৮৩৬ চনত অসমত বাংলা ভাষাক ৰাজ্যিক ভাষাৰ স্থান দিয়া হয় ৷ ১৮৭২ চনতহে পুনৰ অসমীয়াই নিজ মৰ্য্যাদা ঘূৰাই পায় ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মতে ব্ৰিটিছৰ এই কাৰ্য্যৰ ফলত অসমীয়া ভাষা কমেও ৫০ বছৰ পিছুৱাই গ’ল; আনহাতে ভাৰতৰ আনবোৰ ভাষাই সেই সময়চোৱাত দোপদদোপে উন্নতি লাভ কৰিলে৷ ইয়াৰ পাছতো অসমীয়া ভাষাক নায্য স্থান দিবলৈ ১৯৬০ আৰু ১৯৭২ চনত অসমীয়া মানুহে ভাষাৰ বাবে আন্দোলন কৰিবলগীয়া হ’ল ৷ এই পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাক দিয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি অতি গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্য্যপূৰ্ণ ৷
স্বাভাবিকতে আমি সকলোৱে ভাৰত চৰকাৰৰ এই ঘোষণাত উৎফুল্লিত হৈ পৰিছিলোঁ৷ কিন্তু এইখিনিতে মনলৈ এটা প্ৰশ্ন আহে: আমি সকলোৱে বাৰু ধ্ৰুপদী ভাষা কাক কয়, ইয়াৰ বৈশিষ্ট্যসমূহ কি জানোনে ? এই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি প্ৰথমে ধ্ৰুপদী, ভাষা আৰু ধ্ৰুপদী ভাষা আদি কেইটামান সংজ্ঞা জানি লোৱা প্ৰয়োজন৷
ধ্ৰুপদী শব্দ শুনাৰ লগে লগে আমাৰ মনলৈ আহে আন এটা শব্দ "ধ্ৰুপদ"৷ ধ্ৰুপদ হ’ল ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ এক প্ৰকাৰ বিশেষ ৷ শাস্ত্ৰীয় সঙ্গীত হ’ল উচ্চাঙ্গ সঙ্গীত, অৰ্থাৎ সঙ্গীতৰ সংস্কৃত ধাৰা ৷ ইয়াক ধ্ৰুপদী সঙ্গীতো বোলা হয় ৷ গতিকে আমি দেখিলোঁ ধ্ৰুপদী হ’বলৈ হ’লে ই সংস্কৃত আৰু উচ্চাঙ্গ হোৱা প্ৰয়োজনীয় ৷ ধ্ৰুপদী শব্দ ব্যৱহাৰ কৰা হয় নৈৰ্ব্যক্তিক, সামাজিক, বস্তুনিষ্ঠ, বুদ্ধিমত্তাসম্পন্ন, চিৰায়ত মানৱ আৱেগিক অনুভূতি প্ৰকাশক সাহিত্য বা সঙ্গীতৰ ক্ষেত্ৰত৷
ভাষা : আন সকলো জীৱই নিজৰ ভিতৰত অতি কমসংখ্যক ধ্বনিৰে ভাৱৰ আদান-প্ৰদান কৰে; কিন্তু মানৱে কণ্ঠনলীৰে বিভিন্ন প্ৰকাৰে বায়ু নিষ্কাষণ কৰি সকলো জীৱৰ ধ্বনিসমূহৰ উপৰিও সকলো প্ৰাকৃতিক ধ্বনিৰ অনুকৰণ কৰিব পৰা হ’ল ৷ প্ৰশ্ন হ’ল কেবাটাও ধ্বনিৰ সমন্বয়েৰে শব্দসমূহ কেনেকৈ সৃষ্টি হ’ল ? আৰু শব্দৰ সমন্বয়েৰে ভাষা কেনেকৈ সৃষ্টি হ’ল ? অনেক প্ৰত্নতত্ত্ববিদ, পুৰাতত্ত্ববিদ, ভাষাবিদে এই বিষয়ে বিভিন্ন মতবাদ আগবঢ়াইছে৷ কিন্তু এনে লাগে যেন এই সকলো এটা বৃহৎ সাঁথৰৰ একোটি অংশহে৷ এই অংশবোৰ সাঙুৰি আমি বুজোঁ যে: কোনো ধ্বনিৰ অনুকৰণত সৃষ্টি হোৱা শব্দবোৰেই হয়তো প্ৰথম শব্দ। এনে শব্দৰ সংখ্যা অধিক নহয়৷ আনহাতে সৰহসংখ্যক শব্দৰ সৃষ্টিৰ অন্তৰালত কোনো নিয়ম নাথাকে৷ কিছু ধ্বনিৰ সমষ্টি যেতিয়া এখন সমাজে এটা ভাৱ প্ৰকাশৰ বাবে যথাযথ বুলি স্বীকৃতি দিয়ে, তেতিয়া ই শব্দ হিচাপে গৃহীত হয়৷ এনে বহু শব্দৰ সমষ্টি হ’ল ভাষা৷ পণ্ডিতসকলৰ মতে আজিৰপৰা প্ৰায় ২ লাখ বছৰৰ আগতে আফ্ৰিকাৰ ছাৱান্নাত প্ৰথম ভাষাৰ উৎপত্তি হয়। ইয়াৰপৰা মানৱ ক্ৰমে সকলো দিশত বিয়পি পৰাত দুটা কাৰণত অন্যান্য ভাষাৰ উৎপত্তি হয়: (১) মূল ভাষাৰ কিছু শব্দ পাহৰি যোৱাত বা বিকৃত হোৱাত, আৰু (২) বিভিন্ন ঠাইৰ মানুহৰ সংস্পৰ্শত কিছু নতুন শব্দৰ সংমিশ্ৰণ হোৱাত৷ ভাষাৰ পুষ্টিসাধনৰ বাবে আটাইতকৈ সাৰুৱা ঠাই হৈ পৰিল পশ্চিম এছিয়াৰ সমতল ভূমি৷
দেখা যায় যে প্ৰথম অৱস্থাৰপৰাই ভাষা বিবৰ্তনশীল; অৰ্থাৎ ভাষাৰ ৰূপ সম্পূৰ্ণ একে হৈ নাথাকে৷ ইয়াৰ বিভিন্ন কাৰণ থাকে, যেনে পৰিবেশ, পৰিস্থিতিৰ সলনি, অন্যান্য ভাষিক জনগোষ্ঠীৰ লগত সংমিশ্ৰণ, এটা ভাষিক জনগোষ্ঠীৰ ভৌগোলিক প্ৰসাৰ, বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰসৰতা, বিভিন্ন কলা-সংস্কৃতিৰ বিকাশ, ধৰ্মীয় সংস্কাৰ, ভাষিক সংস্কাৰ, ইত্যাদি৷ স্বাভাৱিকতে সকলো ভাষাই বিবৰ্তনৰ ফলত নতুন ৰূপ পায়; পুনৰ সেই ৰূপ সলনি হয়৷ কিন্তু এটা ৰূপৰ পৰা বা এটা স্তৰৰ পৰা আন এটালৈ হোৱা পৰিবৰ্তনত পুৰণি ৰূপটোৰ বহুলাংশ বৰ্তি থাকে৷ সেয়ে ভাষাৰ বিবৰ্তনক ভিন-ভিন স্তৰত বিভক্ত কৰিব পৰা যায়৷ ভাষাতত্ববিদসকলে প্ৰতিটো ভাষাৰে বিভিন্ন স্তৰ নিৰূপণ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে লেখাংকিত কৰিছে৷
ধ্ৰুপদী ভাষা : এই আলোচনাৰ পৰা আমি দেখোঁ যে নৈৰ্ব্যক্তিক, সামাজিক, বস্তুনিষ্ঠ, বুদ্ধিমত্তাসম্পন্ন, চিৰায়ত মানৱ আৱেগিক অনুভূতি প্ৰকাশক ভাষাকে ধ্ৰুপদী ভাষা বুলিব পাৰি৷ কিন্তু এনে সংজ্ঞা অতি স্থূল আৰু বৰ্গীয় বা generic. গতিকে ভাষাতাত্বিক পণ্ডিতসকলে পুৰাতাত্বিক, ঐতিহাসিক আৰু অৰ্বাচীন বহু সমলৰ পৰীক্ষা-নিৰীক্ষা আৰু গবেষণাৰ ভিত্তিত ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ ক্ষেত্ৰত কিছু চৰ্ত নিৰ্দ্ধাৰণ কৰে৷ আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত সৰ্বসন্মত মত অনুসৰি কোনো ধ্ৰুপদী ভাষা হ’ব লাগে প্ৰাচীন, এই ভাষাৰ সাহিত্যৰ ভঁৰাল অতি চহকী আৰু এই চৰ্চা নিৰন্তৰ চলি থাকিব লাগে৷ এই পৰ্য্যায়ত ধ্ৰুপদী ভাষাৰ কোনো মানক নিৰূপণ কৰা হোৱা নাই আৰু এই বিষয়ে সিদ্ধান্ত ল’বলৈ কোনো কৰ্তৃপক্ষ নাই৷ তথাপি কেইটামান নিয়ম বা মাপকাঠী সকলো ভাষাতত্ববিদে মানি লৈছে৷
এই নিয়মসমূহ হৈছে:
(১) প্ৰাচীনতা : কোনো ভাষাৰ বুৰঞ্জী আৰু লিখিত পৰম্পৰা অন্তত ১৫০০- ২০০০ বছৰ ব্যাপ্ত হোৱা উচিত আৰু তাৰ প্ৰমাণ উপলব্ধ হোৱা প্ৰয়োজনীয়৷
(২) সাহিত্যৰ চহকী ভঁৰাল : ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা পাবলৈ এটা ভাষাৰ প্ৰাচীন সাহিত্যৰ মেটমৰা ভঁৰাল থাকিব লাগে৷ এই ভঁৰাল সেই বিশেষ ভাষিক জনগোষ্ঠীয়ে নিজৰ আপুৰুগীয়া সম্পদ বুলি গণ্য কৰা আৰু ৰক্ষা কৰাৰ বাবে দায়বদ্ধ হোৱা উচিত৷ এই ভাষাৰ সাহিত্যিক পৰম্পৰা সম্পূৰ্ণ নিজা আৰু ভাষাটোৰ পৰবৰ্তী স্তৰৰ পৰা পৃথক হোৱা উচিত যাতে প্ৰতিটো স্তৰ নিৰূপন কৰা সম্ভৱ হয়৷
(৩) বৈশাদৃশ্য: প্ৰাচীন স্তৰৰ ভাষাটো বৰ্তমানৰ স্তৰৰ পৰা বিছিন্ন নহ’লেও যথেষ্ট বৈসাদৃশ্য থাকিব পাৰে৷ লেটিন আৰু সংস্কৃতৰ দৰে ধ্ৰুপদী ভাষা কথিত ৰূপে ব্যৱহাৰ কৰোঁতা কোনো ব্যক্তি নাথাকিবও পাৰে৷ অৱশ্যে আৰবিক ভাষাৰ বৰ্তমান অৱস্থাতো আধুনিক কথিত ৰূপ আছে৷
(৪) সংস্কৃত আৰু সংৰক্ষিত ৰূপ: ধ্ৰুপদী ভাষা ব্যাকৰণসম্পন্ন আৰু অতি উচ্চখাপৰ কৰি শিক্ষা দিয়া হৈছিল; উদাহৰণস্বৰূপে আমি ধ্ৰুপদী সংস্কৃত আৰু আঞ্চলিক প্ৰাকৃত ভাষাৰ প্ৰভেদ লক্ষ্য কৰিব পাৰোঁ৷
আমি আগতেই কৈছোঁ যে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিবলৈ কোনো কৰ্তৃপক্ষৰ গঠন কৰা হোৱা নাই৷ পণ্ডিতসকল কেইটামান ভাষাৰ ক্ষেত্ৰত একমত হোৱাৰ বাবে সমগ্ৰ বিশ্বতে এই ভাষাকেইটা ধ্ৰুপদী বুলি মানি লোৱা হৈছে৷ সেইকেইটা হ’ল: লেটিন, প্ৰাচীন গ্ৰীক, ধ্ৰুপদী আৰবিক, ধ্ৰুপদী চীন, সংস্কৃত, পালী আৰু প্ৰাচীন পাৰ্চী/ ফাৰ্চী৷ ৰাষ্ট্ৰসংঘৰ সন্থা UNESCO যদিও শিক্ষা, সাহিত্য, সংস্কৃতিৰ লগত জড়িত, তত্ৰাচ এই সন্থাৰ ওপৰত ধ্ৰুপদী ভাষা স্বীকৃতি দানৰ কোনো ভাৰ অৰ্পণ কৰা হোৱা নাই৷ অৱশ্যে এই সন্থায়ো Memory of the World Register নামেৰে এখন তালিকা ৰাখে, য’ত কোনো কোনো ধ্ৰুপদী ভাষাৰ নাম সন্নিবিষ্ট কৰা হৈছে৷
ধ্ৰুপদী ভাষাৰ তালিকাত এটা ভাষাক বিশেষ স্থান দিয়া হৈছে। সেইয়া হ'ল "হিব্ৰু" ৷ প্ৰাচীন ইজৰাইলৰ নিবাসী ঈহুদীসকলৰ ভাষা আছিল হিব্ৰু৷ সকলো ফালৰ পৰা আৰবীয় লোকেৰে আগুৰা এই অল্পসংখ্যক জনগোষ্ঠীটো কালক্ৰমত নিজ দেশ এৰি যাবলৈ বাধ্য হয়৷ সৰহসংখ্যক ঈহুদীয়ে ইউৰোপৰ বিভিন্ন দেশত বসতি স্থাপন কৰে৷ নিজৰ সুৰক্ষাৰ বাবে তেওঁলোকে সেই সেই দেশৰ ভাষাকে আপোন কৰি লয়৷ ফলত হিব্ৰু ভাষা বিলুপ্ত হৈ পৰে৷ কিন্তু টকা ধাৰলৈ দিয়াকে প্ৰধান জীৱিকা কৰি লোৱা ঈহুদীসকলক কুৰি শতিকাত ক্ৰমান্বয়ে প্ৰায় প্ৰতিখন দেশৰ নাগৰিকেই খেদি পঠিয়াব খোজা হ’ল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ হিটলাৰে ঈহুদীসকলক ধৰি আনি গৰু-ছাগলীৰ দৰে কনছেণ্ট্ৰেছন কেম্পত ভৰাই থয়৷ সেয়ে তেওঁলোকে পুনৰ নিজৰ দেশলৈ উভটি যাবলৈ আৰম্ভ কৰে আৰু পুনৰ ইজৰাইল দেশ স্থাপন কৰাত সফল হয়৷ এটা সাৰ্বজনীন ভাষাৰ অভাৱ অনুভৱ কৰি হিব্ৰুক পুনৰোজ্জীৱিত কৰি আধুনিক ৰূপ দিয়া হয়৷ সেয়ে ধ্ৰুপদী ভাষাৰ তালিকাত হিব্ৰু একাধাৰে এক প্ৰাচীন ভাষা আৰু আধুনিক ভাষা যাৰ কোনো বিৱৰ্তনৰ ইতিহাস নাই৷
ক্ৰমশঃ
অঙ্গন: পৃষ্ঠাঃ 10
ছাত্ৰ নেতা: ভৱিষ্যত পৰিকল্পনা আৰু আমাৰ চিন্তাধাৰা
চিৰঞ্জীৱ অসম চলিহা
ইমান সহজ নে বিদ্যালয়, মহাবিদ্যালয় সমূহত ছাত্ৰ সমাজক, যুৱ প্ৰজন্মক নেতৃত্ব দিয়া। ছাত্ৰ নেতা সকলে, পাছৰ পৰ্য্যায়তো নিজকে সামাজিক দায়িত্ববোধেৰে সেই একেটা ধাৰাকে অক্ষুণ্ণ ৰাখি, সমাজখনৰ নেতৃত্ব কান্ধ পাতি আগবাঢ়ি যোৱাটো…?
নিজৰ ব্যক্তিগত স্বাৰ্থ, ব্যক্তি কেন্দ্ৰিক আন্তৰিকতা, নিজস্ব সুখ-দুখ, আত্ম তৃপ্তিক একাষৰীয়া কৰি সামাজিক চিন্তা-চেতনাৰে সমাজ জীৱনৰ লগত নিজকে খাপ-খোৱাই সামাজিক দায়িত্ববোধক আগবঢ়াই নিয়াটো সকলোৰে বাবে ইমান সহজ হ'ব পাৰে জানো…!! ছাত্ৰ সমাজক নেতৃত্ব প্ৰদান কৰা বহু দক্ষ ব্যক্তি পৰিৱেশ পৰিস্থিতিৰ সোঁতত বাধ্য হৈ নিজৰ পথ সলনি কৰি কোনো চৰকাৰী বা ব্যক্তিগত খণ্ডৰ অনুষ্ঠান/প্ৰতিষ্ঠানত মাহেকৰ মূৰত পোৱা টকা কেইটাৰ মাজতেই নিজৰ চিন্তা-চেতনা, নিজৰ দক্ষতাক আৱদ্ধ কৰি ৰাখিবলৈ বাধ্য হয়। এইয়া শুভ লক্ষণ নহয় যদিও মানুহ পৰিস্থিতিৰ দাস, নিজৰ পেটটোৰ বাবে চিন্তা কৰিবই লাগিব।
সমাজ সেৱা দিশটোত কেৱল মনৰ পৰা ইচ্ছা জাগিলেই সমাজৰ হকে কৰ্ম কৰি যোৱাটো সম্ভৱ নহয় বৰ্তমান সময়ত। ব্যক্তিজন অৰ্থনৈতিক ভাৱে টনকিয়াল হ'বই লাগিব নতুবা তেওঁৰ ঘৰখনৰ পৰিৱেশটো আৰ্থিক ভাৱে শক্তিশালী হোৱাটো নিত্যান্তই আৱশ্যক। অন্যথা কোনো কাৰণত আপুনি নিজৰ ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰা সামাজিক দায়িত্ববোধৰ ধাৰা অক্ষুণ্ণ ৰাখিব নোৱাৰে বা সম্ভৱ নহয়। অগ্ৰজ সকলে কেনেদৰে ভাৱে নাজানো, আমি মাত্ৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ জীৱন বাটত সময়ে দিয়া অভিজ্ঞতাৰ পৰা।
ছাত্ৰ সমাজক নেতৃত্ব দি থকা যুৱ নেতা সকলৰ প্ৰতি আহ্বান, যেনে দৰে ডক্টৰ/ইঞ্জিনিয়াৰ অথবা অন্য বৃত্তীয় দিশত নিজকে প্ৰতিষ্ঠা কৰিম বুলি ভৱা সকলে প্ৰাথমিক শিক্ষাৰ স্তৰৰ পৰাই নিজকে প্ৰস্তুত কৰি আগবঢ়াই নিয়ে, ঠিক তেনেদৰে যি সকলে সমাজসেৱা বা ৰাজনীতিৰ জগতখনত আগবাঢ়িব বিচাৰিছে, সেই সকলেও প্ৰাথমিক পৰ্য্যায়ৰ পৰাই নিজকে প্ৰস্তুত কৰি আগবাঢ়ি আহক, অভিজ্ঞ সকলৰ পৰামৰ্শ গ্ৰহণ কৰক। অন্যথা কেৱল মাত্ৰ অন্য জনক দেখি জীৱনৰ মাজ বাটত কোনো লক্ষ্য/উদ্দেশ্য নোহোৱাকৈ সামাজিক/ৰাজনৈতিক দিশলৈ আগবাঢ়িলে জীৱনৰ আধা বাটতে "দুই নাও দুই ভৰি" হৈ থমকি দিবলৈ বাধ্য হোৱাৰ উদাহৰণো যথেষ্ঠ আছে।
ঠিকনা:
চাৰিং,শিৱসাগৰ
(৯১০১৮৮১৪৪০)
অঙ্গন: পৃষ্ঠাঃ 11
বিশ্ব পৰিৱেশ দিৱস আৰু আমাৰ কৰণীয়
ভাস্কৰ প্ৰিয়ম হাজৰিকা
বিশ্ব পৰিৱেশ দিৱস (ইংৰাজী: World Environment Day, সংক্ষেপে WED) প্ৰতি বছৰ ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিবেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিৱসটি প্ৰথম পালন কৰা হয় ১৯৭৩ খৃষ্টাব্দত। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ প্ৰতিপাদ্য বিষয় লৈ পালন হয়। উত্তৰ গোলাৰ্ধত দিৱসটি বসন্তত, আৰু দক্ষিণ গোলাৰ্ধত দিৱসটি শৰতত পালিত হয়।
বিশ্ব পৰিৱেশ দিৱসৰ দিনা এজোপা গছ ৰোপণ কৰি ফটো মাৰি ফেচবুক, হোৱাটচ্ আপ আদিত দিলে আমাৰ দায়িত্ব শেষ হৈ নেযায়। অকল সেই ৫ জুনৰ দিনাহে পৰিবেশৰ বাবে মনত পৰিবনে আনক দেখুৱলৈ কৰিছোঁ। বছৰটো বাকীকেইটা দিন আমি জানো পৰিবেশৰ কথা ভাবিছোঁ। জধে-মধে গছ-গছনি কাটি ৰাস্তা নিৰ্মাণ কৰিছোঁ, পাহাৰৰ ওপৰত খনন কাৰ্য্য চলাইছোঁ, পলিথিন বেগ আদি ব্যৱহাৰ কৰিছোঁ। এইবোৰ কৰাৰ আগত আমি এবাৰ হ'লেও পৰিবেশৰ কথা ভাবিছোঁ।
আমি আধুনিকতাৰ নামত লাহে লাহে হেৰাই গৈছোঁ। আধুনিকতাৰ নামত পৰিবেশৰ কথা নাভাবি সকলোবোৰ ধ্বংস কৰি গৈ আছো আৰু নিজক লাহে লাহে মৃত্যুৰ মুখলৈ নি আছো।
বিশ্ব পৰিৱেশৰ দিনা এজোপা গছ ৰোপন কৰিছোঁ কিন্তু সেই গছ পুলিটো ৰোপন কৰি তাৰ দায়িত্ব সামৰিলে নহ'ব। যেনেকৈ ৰোপন কৰিছোঁ তেনেকৈ ডাঙৰ হোৱালৈকে দায়িত্ব আমাৰ।
বতৰ্মান সময়ত আধুনিক প্ৰযুক্তিবিদ্যা যিমানেই আগবাঢ়ি গৈছে আমাৰ পৰিৱেশ সিমানেই ক্ষতিসাধন হৈছে। বতৰ্মান সময়ত কল-কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱাৰ পৰা ওলোৱা সেউজগৃহ গেছ আদিৰে গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে। প্ৰধান সেউজ গৃহ গেছসমূহ হ'ল জলীয় বাষ্প, যি সেউজ গৃহ প্ৰভাৱৰ প্ৰায় ২৬–৭০% কাৰক; কাৰ্বন-ডাই-অক্সাইড (CO2), যি ৯–২৬% কাৰক; মিথেন (CH4) আদি। এই সেউজ গৃহ গেছ সমূহে আমাৰ অ'জন স্তৰ ক্ষতি কৰিছে যাৰ ফলত সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীত প্ৰৱেশ কৰিছে। যিটো আমাৰ পৃথিৱীৰ কাৰণে অতি ভয়ানক। অ'জন স্তৰ হৈছে বায়ুমণ্ডলৰ ওপৰৰ স্তৰত, অৰ্থাৎ বায়ুমণ্ডলৰ ষ্ট্ৰেট'স্ফিয়েৰত অক্সিজেন ত্ৰি-পাৰমাণৱিক অণু হিচাপে থাকে। ইয়াত অক্সিজেনৰ তিনিটা পৰমাণু লগ লাগি O₃ সংকেট গঠন কৰে আৰু ইয়াক অ'জন বুলি কোৱা হয়। এই অ'জনসমূহ সাধাৰণ দ্বি-পাৰমাণৱিক অক্সিজেনতকৈ বহুত বেলেগ। এই সকলোখিনি বিপদৰ পৰা বা আমাৰ পৰিবেশ সুস্থ আৰু সৱল কৰি ৰাখিবৰ বাবে গছ-গছনি ৰোপন কৰিব লাগিব। অকল বিশ্ব পৰিৱেশৰ দিনাই নহয় প্ৰতিটো দিনতে এজোপাকৈ হ'লেও আমি গছ ৰোপন কৰি আমাৰ পৃথিৱীখনক ৰক্ষা কৰিব পাৰোঁ।
বিশ্ব পৰিৱেশ দিৱস বুলি ক'লে অকল গছ-গছনি ৰোপন কৰাকে নুবুজায়। আমাৰ পৰিবেশ বিভিন্ন সময়ত বিভিন্ন কাৰণত প্ৰদূষিত হৈ আহিছে। পৰিবেশ প্ৰদূষিত হ'ব পৰা মূল কাৰণকেইটা হ'ল।
(ক) বায়ু প্ৰদূষণ।
(খ) জল প্ৰদূষণ।
(খ) ভূমি প্ৰদূষণ।
সুস্থ পৰিবেশত এটা সুস্থ জীৱন-যাপন কৰিব পাৰি। আমি আমাৰ পৰিবেশসমূহ আমি নিজেই সুৰক্ষিত কৰি ৰাখিব লাগিব। তাৰ বাবে আমাৰ কৰণীয় সমূহ হ'ল।
ক) পলিথিন ব্যৱহাৰ নকৰি কাগজৰ বেগ ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে।
খ) জলাশয়, নলা-নদৰ্মা আদিত পেলনীয়া সামগ্ৰী পেলোৱা পৰিৱৰ্তে ডাষ্টবিন ব্যৱহাৰ কৰা।
গ) জধে-মধে গছ-গছনি নেকাটি সংৰক্ষণ কৰা আৰু গছ-গছনি ৰোপন কৰা।
ঘ) পাহাৰৰ খনন কাৰ্য্য বন্ধ কৰা ইত্যাদি।
বিশ্ব পৰিবেশ দিৱস কেৱল ৫ জুনৰ দিনাই নহয় সদায় হ'ব লাগে। আমি যাতে দৈনন্দিন জীৱন-ধাৰণত যাতে পৰিবেশৰ একো ক্ষতি নহয় তাৰ বাবে সদায় সৰ্তক হ'ব লাগে। তেতিয়াহে আমাৰ পৰিবেশ সুন্দৰ আৰু সুস্থ হ'ব আৰু বিশ্ব পৰিবেশ দিৱস ফলপ্ৰসূ হ'ব।
( তথ্য উৎস - গুগল।)
অঙ্গন: পৃষ্ঠাঃ 12
সন্তান বিপথে কিয় গতি কৰে ?
গীতা দেৱী
সন্তান বিপথে গতি কৰাৰ বিভিন্ন কাৰণ আছে । সেইবোৰ হ'ল - পাৰিবাৰিক কাৰণ, সামাজিক কাৰণ, মানসিক কাৰণ, অৰ্থনৈতিক কাৰণ, শাৰীৰিক কাৰণ। এই কাৰণবোৰৰ উপৰিও আৰু বহুতো কাৰণ আছে যাৰ বাবে সন্তান বিপথে গতি কৰিব পাৰে। এই কাৰণবোৰ ফঁহিয়াই চাই সন্তানক সঠিক পথত নিয়াৰ বাবে উপযুক্ত পদক্ষেপ লোৱা অতি প্ৰয়োজনীয়।
সন্তান বিপথে গতি কৰাৰ মূল কাৰণ হ'ল পিতৃ-মাতৃ। সংস্কাৰহীন ঘৰ এখনৰ সন্তান কেতিয়াও ভাল হ'ব নোৱাৰে। উশৃংখল পৰিবেশৰ সন্তান এটাই কেতিয়াও সুস্থ মানসিকতাৰ এজন সুস্থ মানুহ হ'ব নোৱাৰে। কিছুমান এনে পিতৃ-মাতৃ আছে যিয়ে সন্তানৰ ভুলবোৰ লুকাই ৰাখে, যাৰ বাবে সন্তানে ভুলৰ ওপৰি ভুল কৰি গৈ থাকে।আমি নিজেই অনুশাসনৰ মাজেৰে জীৱন নিৰ্বাহ কৰিলেহে সন্তানেও অনুশাসন মানি চলিব। আমি সন্তানক দিব পৰা মূল্যৱান বস্তু, টকা, দামী কাপোৰ, বিলাসী জীৱনতকৈ ভাল চৰিত্ৰ, বুদ্ধিমত্তা, অনুশাসন দিয়া উচিত। এটি সন্তানে এজন ব্যক্তি কেনেকুৱা হ'ব লাগে, কিতাপ, টিভি, চচিয়েল মিডিয়াৰ পৰা শিকাতকৈ পিতৃ -মাতৃ, ঘৰখনৰ বাতাবৰণৰ পৰা বেছি ভালকৈ শিকে।
বহু পিতৃ-মাতৃয়ে ভাৱে মৰমে সন্তানক নষ্ট কৰে। প্ৰকৃততে সেইটো হয় জানো ? সন্তান বিপথে গতি কৰিলে বহু পিতৃ-মাতৃয়ে ইজনে সিজনক দোষাৰোপ কৰে, মৰম কৰি কৰি সন্তানক নষ্ট কৰিলে বুলি। মৰমে সন্তানক কেতিয়াও নষ্ট নকৰে
নষ্ট কৰে মৰমৰ ভুল ব্যৱহাৰে। মৰমৰ লগতে শাসনৰো প্ৰয়োজন। মৰম মানে একোৰে অনুভৱ নকৰাকৈ লাগ বুলিলেই বিচৰা বস্তু সন্তানৰ আগত দাঙি ধৰাক নুবুজাই। প্ৰয়োজনত বস্তু দিয়ক। বুজাই দিয়া উচিত আয় চাই ব্যয় কৰিবলৈ। কোনো শিশুৱে জন্মতে ভাল বা বেয়া হৈ জন্ম নলয়। পৰিবেশ, পৰিস্থিতিয়েহে সিহঁতক সেই বাটে লৈ যায়। গতিকে পৰিবেশ, পৰিস্থিতিক কেনেদৰে আত্ম নিয়ন্ৰণলৈ আনিব পাৰি তাক শিকাব লাগে। কিদৰে মনক দৃঢ় কৰি ৰাখিব পাৰি সেই আত্ম সংযমৰ শিক্ষা দিয়া উচিত। সন্তানক নিজৰ ওপৰত আশ্বস্ত হ'বলে শিকাব লাগে।মৰম, শাসন আৰু সমৰ্থনৰ দ্বাৰা প্ৰতিপালিত সন্তানেহে আত্মনিয়ন্ৰণ কৰিব পাৰে। অতি বেছি শাসন সন্তানৰ বাবে বিপজ্জনক। অতি শাসনৰ মাজত আবদ্ধ সন্তান মুকলি লৈ ওলাই আহি অকলে জীৱন বাটত খোজ দিব লগা হ'লেই বিপথে গতি কৰাৰ সম্ভাৱনাই অধিক। এই ৰংচঙীয়া পৃথিৱীখনত শাসনৰ বাঘজৰীৰ পৰা মুক্ত হোৱা সময়খিনি (বয়স) ৰংচঙীয়া জীৱনৰ প্ৰতি আকৰ্ষিত হোৱা সময়। গতিকে সন্তানক শাসন কৰক। কিন্তু শাসনৰ নামত সিহঁতক পুতলা কৰি নেপেলাব। পিছত যাতে আপুনি অবিহনেও সিহঁতে খোজ দিব পাৰে। শাসন কৰাৰ লগতে বাহিৰৰ পৃথিৱীৰ বিষয়ে জানিবলৈ সুবিধা দিয়ক, দিয়ক সৰুৰে পৰা কিছু সিদ্ধান্ত ল'বলৈ।
কেৱল মৰম নহয়, মৰমেৰে দিয়া মৰমবোৰ ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে, লক্ষ্য ৰখাটো পিতৃ-মাতৃৰ দায়িত্ব। যদি ভাল কাম কৰিছে সমৰ্থন কৰি প্ৰশংসা কৰিবলৈ নাপাহৰিব। দেখিব সেই সন্তানে কেতিয়াও ভুল নকৰে। আৰু যদি ভুল কৰিছে মাৰধৰ, তিৰস্কাৰ নহয়, মৰমেৰে, যুক্তি সহ বুজাওক যে তোমাৰ বয়স কম, সকলো কথা বুজি নোপোৱা সেইবাবেই ভুল হ'ল। আমি জানো যে তোমাৰ আৰু এনেকুৱা ভুল কেতিয়াও নহয়, কাৰণ তুমি আমাৰ সন্তান। চাব সেই সন্তানে ভুল বাটত কেতিয়াও ভৰি নথয়। সন্তানক কেতিয়াও আনৰ লগত তুলনা নকৰিব। আনে চলা ধৰণ কৰণক লৈ কথা ক'লে ক'ব লাগে, সেয়া একো ডাঙৰ কথা নহয়। সেইখিনিতকৈ মূল্যৱান তেওঁলোকৰ বাবে তেওঁলোকৰ সন্তান। ধন দৌলত, বিলাসী জীৱনে দিয়া সুখতকৈ সন্তানৰ সাফল্যই দিয়া সুখ বহু গুণে ওপৰত সেইখিনি কথা হৃদয়ংগম কৰাব পাৰিলে সন্তান কেতিয়াও বিপথে গতি কৰিব নোৱাৰে।
অঙ্গন: পৃষ্ঠাঃ 13
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
✍ৰূপা গগৈ
(খণ্ড ২১)
অংকুৰ তাইক পানী এগিলাচ দিয়াচোন । তাইৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে নেকি ! অকণমান ডিঙিটো তিয়াই ল'লে আৰু কিমান ক'বলৈ আছে ক'ব পাৰিব বুলি মই অংকুৰক কোৱাত অংকুৰে তাইলৈ পানী এগিলাচ আগবঢ়াই দিলে । মই তেনেকৈ কোৱা বাবে আৰু খঙত জ্বলি উঠিছিল । পানী গিলাচ প্ৰথমে ল'ব বিচৰা নাছিল । মই ক'লোঁ লাজ নকৰিবা লোৱা তোমাৰ কথাৰ পৰাই বুজিছোঁ তোমাৰ নলী শুকাই গৈছে । পাছত পানী গিলাচ লৈ কটকটকৈ গিলি গিলাচটো জোৰেৰে থেকেচা মাৰি টেবুলৰ ওপৰত থ'লে ।
মই ক'লোঁ ---আৰু কিবা ক'বলৈ আছে নে? আছে যদি কোৱা শুনি লওঁ । অকল মইয়ে নহয় চোৱা তোমাৰ কথা শুনিবলৈ ইয়াত যিসকল আছে সকলোৱে শুনিব ।
তাই হুঁহ বুলি কৈ আকৌ এবাৰ ক'লে"---সাৱধান কৰি দিলোঁ তোক পৰাগৰ পৰা দূৰত থাকিবি । পৰাগৰ মন ভূলাবলৈ চেষ্টা নকৰিবি ।
তাইৰ কথা শুনি মই ডাঙৰকৈ হাঁহি দিলোঁ । ঠিক আছে বাৰু তুমি ক'লা তোমাৰ কথাবোৰ । এতিয়া মই ক'ম মোৰ ক'ব লগীয়াখিনি । ভৰিখনত ভৰ নিদিওঁ বুলিয়ে মই বহি আছিলোঁ । সেয়ে তাইক ক'লোঁ---আহা বহি লোৱা ! যি কওঁ মুখামুখিকৈ কওঁ । কিন্তু তাই মোৰ পৰা আঁতৰতে থিয় দি থাকিল বহিবলৈ নাহিল । মই আকৌ ক'লোঁ---আচ্ছা ঠিক আছে নালাগে বহিব তুমি ধনী ঘৰৰ ছোৱালী মোৰ দৰে দুখীয়া মানুহৰ ঘৰৰ ছোৱালীৰ সৈতে বহিলে তোমাৰ সন্মান লাঘৱ হ'ব । মইয়ে উঠিছোঁ বাৰু ৰ'বা বুলি কৈ তাইৰ সন্মুখলৈ গ'লোঁ ।
ৰীমা , নিশা আৰু অংকুৰহঁতে কথাবোৰ সহজভাবে লৈ মই তাইক তেনেকৈ কৈ থকা বাবে খং কৰি আছিল মোক । মই সিহঁত চকুৰ ইংগিতেৰে শান্ত হৈ থাকচোন বুলি কৈছিলোঁ ।
মই সোণালীৰ সন্মুখত থিয় হৈ ক'লোঁ ---
প্ৰথম আৰু শেষবাৰৰ বাবে তোমাক প্ৰথমে সাৱধান কৰি দিছোঁ শুনা --- মোৰ পিতৃ-মাতৃ ঘৰখনকলৈ আৰু যাতে কোনোদিনে নীচ মনোভাৱ প্ৰকাশ নকৰা । মোৰ পিতৃও চৰকাৰী চাকৰিয়াল । তোমালোকৰ দৰে অজস্ৰ ধন -সম্পত্তি নাথাকিব পাৰে কিন্তু দেউতাৰ লগতে ঘৰখনৰ মান-সন্মান আছে । আৰু এনে সন্মানত দ্বিতীয়বাৰ আঘাত হানিবলৈ চালে মই সহ্য নকৰিম । আজি বহু ধৈৰ্য্যৰে সহি আছোঁ তোমাৰ অপমান । আমাৰ নাই কিবা তোমালোকৰ আছে । কিন্তু নাই বুলি আমি তোমালোকক কেতিয়াও বিচৰা নাই ; আৰু তোমালোকৰ আছে কাৰোবাৰ নাই বুলি কাকো তোমালোকে দিয়া নাই কথাষাৰ মনত ৰাখিবা । আৰু শুনা ধন-টকা , চেহেৰা চাই মানুহ প্ৰেমত নপৰে । ধনেৰে প্ৰেম বা কাৰোবাৰ অন্তৰখন কিনিব নোৱাৰি । অ সকলোৱে ৰেঙ্ক মিলাই চলিব বিচাৰে বিয়া পাতিব পাৰে প্ৰেমত পৰিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু একে ৰেঙ্কৰ হোৱাৰ পাছতো যদি ভালপাওঁ বুলি পাছে পাছে লাগি ফুৰিও ভালপোৱা পোৱা নাযায় তাতকৈ দুৰ্ভগীয়া আৰু দুখৰ কথা নাই । সেইটো এটা লাজ লগা কথা বুলি মই ভাবোঁ । তুমিতো সুন্দৰী আৰু ধনী ঘৰৰ ছোৱালী তথাপিও চাৰি পাঁচ বছৰে পৰাগক তুমি ভালপাওঁ বুলি কৈ কৈ তাৰ ভালপোৱা বিচাৰি আজিলৈকে নাপালা কিয় ? এবাৰ নিজক প্ৰশ্ন কৰা নে ? কি ক'ম আছে তোমাৰ ওচৰত যাৰ বাবে পৰাগে তোমাৰ প্ৰেমক অৱজ্ঞা কৰে ! আজি তুমি পৰাগৰ দৃষ্টিত আৰু হেয় হৈ গ'লা মোক কৰা ব্যৱহাৰৰ বাবে । কিবা এটা যদিও পৰাগে তোমাক কিজানি ভালপোৱাৰ চাঞ্চ আছিল তাকো হেৰুৱালা ।কাৰণ এতিয়াও বহু সময় আছিল । পৰাগক মই এতিয়ালৈকে ভালপোৱাৰ সঁহাৰি জনোৱা নাছিলোঁ । তুমি আজি মোক সকলোৰে আগত অপমান কৰি পৰাগৰ দৃষ্টিত মোক হেয় কৰিবলৈ গৈ নিজেই নিজৰ ভৰিত কুঠাৰ মাৰিলা । পৰাগক মই ধৰি থকা নাই বা প্ৰেমৰ জালত পেলাবলৈ তোমাৰ দৰে পাছে পাছে ঘূৰি ফুৰা নাই কথাষাৰ মনত ৰাখিবা বুলি কথাষাৰি কৈ থাকোঁতে দেখা পালোঁ পৰাগ দৌৰি আহিছে কেণ্টিনলৈ । হয়তো পৰাগক কোনোবাই ঘটনাৰ কথা ক'লেগৈ ।
পৰাগে দৌৰি আহি মোৰ দুই বাউসীত ধৰি সুধিলে কি হ'ল ? কোনে তোমাক কি কৈছে ? আৰু এইবোৰ কেনেকৈ হ'ল বুলি মোৰ গাৰ ৰঙা পাৰীৰ চাদখন বুকুৰ পৰা পেটৰলৈকে চাহৰ দাগ লাগি ৰঙচুৱা হৈ আছিল । পৰাগে মোক এনেকৈ কৰা দেখি সোণালীয়ে দাঁত-মুখ কামুৰি পৰাগক মোৰ বাউসীৰ পৰা হাতখন আঁতৰাই টানি নিব বিচাৰিছিল । পৰাগে তাইক চৰিয়াবলৈ খঙেৰে হাতখন দাঙিছিল । মই লগে লগে পৰাগৰ হাতখন থাপ মাৰি ধৰি তাৰ চকুলৈ চাই একো নকৰিবা বুলি ইংগিত দিলোঁ ।
পৰাগে খঙত ক'লে"--- কাৰ ইমান সাহস হ'ল মোৰ ৰূপাক এনেকৈ অপমান কৰিবলৈ । কি কোনোবাই কিবা ক'লে মই সহ্য কৰি থাকিম নেকি ! পৰাগৰ এনে ব্যৱহাৰত তাই অলপ লাজ পাই উচাৎ মাৰি কেণ্টিনৰ পৰা ওলাই যাব লৈছিল । তেতিয়া পৰাগে তাইক ক'লে"---
ৰ'বা !!! ক'ত যোৱা ? কথা আছে শুনি যোৱা । ৰূপাক মই ভালপাওঁ আৰু পাইয়ে থাকিম । ৰূপাৰ স্থান কোনোৱে দখল কৰিব নোৱাৰে আৰু কেনেবাকৈ যদি ৰূপাক মোৰ পৰা আঁতৰাবলৈ কোনোবাই চেষ্টা কৰে তাক মই সুদাই নেৰোঁ । তুমি মোৰ সৰুৰে পৰা বন্ধু আছিলা । কোনোদিনে প্ৰেমৰ দৃষ্টিৰে তোমাক চোৱা নাছিলোঁ আৰু নাচাওঁ কেতিয়াও । আজি এই ব্যৱহাৰৰ পৰা তোমাৰ লগত মোৰ বন্ধুত্ব সম্পৰ্কও শেষ । কথাখিনি নিশ্চয় বুজিছা । মোৰ আগে-পিছে আজিৰ পৰা তুমি কেতিয়াও নুঘূৰিবা । পৰাগৰ কথা শুনি কেণ্টিনত থকা আটাইয়ে হাত চাপৰি বজালে ।
তাই খং আৰু লাজত ক্ষোভিত হৈ মোলৈ চাই ক'লে"---চাই ল'ম তোক বুলি কৈ কেণ্টিনৰ পৰা ওলাই গ'ল ।
এই ঘটনাৰ পৰাই তাই মোৰ শত্ৰু হৈ পৰিল ।
ক্ৰমশঃ
অঙ্গন: পৃষ্ঠাঃ 14
অণুগল্পঃ
সংস্কাৰ
মীনাক্ষী ৰায় ডাকুৱা
সন্ধিয়া হ'বৰ বহুপৰ হ'ল । আজি বোধহয় পূৰ্ণিমা তিথি । আকাশত ৰূপৰ কাঁহীৰ দৰে জোনবাই । দুয়ো ভায়েক দীঘাৰ সাগৰ-সৈকতত বহি আছে । আন বহুতো মানুহ ইফালে-সিফালে বহি আছে । জুৰ বতাহ বৈ আছিল । ঢৌৰ পিছত ঢৌ ফুলি উঠিছে, তাৰপিছত ভাঙি গুৰি হৈ গৈ আছে—ফেন হৈ বালিৰ বিস্তীৰ্ণতাত ।
হঠাতে সুনীতে ক'লে, মোৰ বাবেই তোমাৰ জীৱনটোও ছন্দহীন হৈ গৈছে, নহয় নে কমল ? তোমাৰ নিজৰ স্বাধীনতা যেন নোহোৱা হৈ গৈছে ।
: তেনেকৈ নক'বা ককাইদেউ । নিচেই সৰুতে দেউতা ঢুকোৱাত তুমিয়েইতো মোক নিজৰ সন্তানৰ দৰে তুলি-তালি ডাঙৰ কৰিলা, সমাজত দহৰ মাজত এজন কৰি প্ৰকৃত মানুহ হিচাবে গঢ়িঙ তুলিলা । তোমাৰ প্ৰতি মোৰ এই কৰ্তব্য আৰু দায়িত্বখিনিক নেওচা দিলে মই অকণো সুখ নাপাম, শান্তি নাপাম ককাইদেউ !
: প্ৰতি মুহূৰ্ততে মোৰ চকুৰ সমুখত পৃথিৱী অন্ধকাৰ । তথাপিও তুমি মোৰ কাষত আছা বাবেই মোৰ জীয়াই থাকিবলৈ বৰ ইচ্ছা হয় কমল । মনত হয় জীৱন বৰ মায়াময় ।
কথাখিনি কৈ কৈ আবেগত সুনীতৰ মাতটো থোকাথুকি হৈ আহিল । পৰম স্নেহ আৰু ভৰসাত সুনীতে হাতখন আগবঢ়াই দি কমলৰ আঙুলিবিলাক স্পৰ্শ কৰিলে।
ফোননং—৮৭৬১৮৬৫৮৮৫
অঙ্গন: পৃষ্ঠাঃ 15
অপেক্ষা
প্ৰস্তুতি শৰ্মা
মাজৰাতি কেতেকীৰ কন্দনত তাই আজিও সাৰ পাই মনত পৰে অতীতলৈ ।
এনেকুৱা এটা ব'হাগৰ ৰাতি দূৰণিত বিহুৰ মাত শুনিবলৈ পাইছিল। আৰু ৰাতি বিহু চাবলৈ উত্তাৱল হৈ থকা তাইজনীয়ে জোনজনী বুকুত সাৱটি লৈ গৈছিল।
ৰাতি বিহু আজিও হয় ।
তাই বুকুলৈ বিহু নাহে আজিকালি । দূখবোৰৰ নৈ বয়।
অঙ্গন: পৃষ্ঠাঃ 16
সুখৰ উৎস
গীতামণি কলিতা
গগন ককাৰ পুত্র-বোৱাৰী নিঃসন্তান। মাজে মাজে কমলা আইতাই ককাক কয়,
" নাতি বা নাতিনী এজনী ঘৰখনত থকা হ'লে কিমান যে ভাল লাগিলহেঁতেন, শিশুৰ কলকলনীয়ে ঘৰখনৰ পৰিবেশেই সুন্দৰ কৰি পেলালেহেঁতেন...! "
অৱশেষত, কমলা আইতাৰ সিদ্ধান্ত মৰ্মে অনাথ আশ্ৰমৰ পৰা এজনী কণমানি পৰীক ঘৰলৈ লৈ আনি আন্ধাৰময় ঘৰখন পোহৰেৰে উজ্জ্বলাই তুলিলে।
যোৰহাট
ভাতেমৰা পথ
অঙ্গন: পৃষ্ঠাঃ 17
মৰম
ইন্দুপ্ৰভা দত্ত অধিকাৰী
চোতালৰ এচুকত থকা শেৱালিজোপা কাটিবলৈ লোৱাত কণমানিটোৱে হুকহুকাই কান্দিবলৈ ধৰিলে ।
মাক-দেউতাকে তাৰ কান্দোনৰ কোনো কাৰণ বিচাৰি নাপালে।
কিছু সময়ৰ পিছত কটা শেৱালিজোপাৰ সৈতে কপৌ চৰাইৰ বাহটোও মাটিত ছিটিকি পৰিল ।
অঙ্গন: পৃষ্ঠাঃ 18
অনুবাদ কবিতাঃ
TRAIN TO NOWHERE
(By Erin Hanson)
If you catch the train to nowhere
You'll find the strangest man I've met,
Who claimed his ears are always ringing
With the sound of his regret,
Back then, time had not yet taught me
Regret was not a sound I knew,
So, I thought nothing more than silence
Was left by things you didn't do,
He said he hoped the sound of nothing
Was the worst I've ever heard,
Because regret drives you as crazy
As the taste of swallowed words,
"It's a stone throw in a well," he mused
And this I've never forgotten:
"It's listening all your life
And never hearing it hit the bottom."
গন্তব্যহীন ৰে’লখন
[মূল:Train to Nowhere by e.h (Erin Henson)
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী]
তুমি যদি গন্তব্যহীন ৰে’লখনত উঠা
মই লগপোৱা আচৰিত মানুহজনক লগ পাবা,
যিজনে কয় তেওঁৰ দুই কাণত বাজিছিল
অহৰহ তেওঁৰ অনুশোচনাৰ ধ্বনিবোৰ,
সেই তেতিয়া, সময়ে শিকোৱা নাছিল মোক
অনুশোচনা যে মই জনা কোনো ধ্বনি নাছিল,
সেয়ে, মই ভাবিছিলোঁ নিস্তব্ধতাৰ বাহিৰে
মই নকৰা কামবোৰে একো এৰি যোৱা নাছিল,
তেওঁ কৈছিল, তেওঁৰ মতে একো নোহোৱাৰ ধ্বনিয়েই
মই শুনাবোৰৰ ভিতৰত সবাতোকৈ নিকৃষ্ট,
কাৰণ ‘কোৱা কথা ঘুৰাই লোৱাৰ’ দৰেই
অনুশোচনাই সকলোকে কৰে অতি বিভ্ৰম,
তেওঁ গহীনকৈ ক’লে “এয়া কুঁৱাত শিল দলিওৱা”,
আৰু মই এইটো কেতিয়াও পাহৰিব নোৱাৰোঁ যে:
“এয়া সমস্ত জীৱন জুৰি তুমি শুনি আছা
অথচ কেতিয়াও শুনা নাই তলি স্পৰ্শৰ ধ্বনি”।
[এৰিণ হেনচন (e.h) এগৰাকী অষ্ট্ৰেলিয়া বাসী, প্ৰায় চৌবিশ বছৰমান বয়সীয়া মহিলা কবি, যাৰ ভালেমান কাব্যগ্ৰন্থ প্ৰকাশ পোৱাৰ উপৰিও ‘সামাজিক মাধ্যমত অনেক কবিতা বহুল ভাৱে সমাদৃত।]
অঙ্গন: পৃষ্ঠাঃ 19
কবিতাঃ
পিতাইৰ দেহৰ ঘাম সৰি সেউজীয়া পথাৰ
ৰীতা বৰুৱা
পিতাইৰ দেহৰ ঘাম সৰি
সেউজীয়া হোৱা পথাৰখনত
আজি সৰে
পিতাইৰ বুকুৰ হুমুনিয়াহ
আজিৰ শিক্ষাই নকৰে
নাঙলৰে সহবাস
পৰনীৰ্ভৰতা মাথোঁ
গুটি দীঘল কেৰেলা
আৰু ক্ৰমশ: বাঢ়ি যোৱা আধিয়াৰৰ
আধি মাটিৰ প্ৰকোপত
এসময়ত সোণগুটিৰ ভৰত
হাওলা পথাৰখনত আজি
এলাগী ঘাঁহ-বনৰ
নিসন্ধি ঠাহ্
পিতাইৰ দেহৰ ঘাম সৰি
সেউজীয়া হোৱা পথাৰখনত
আজি সৰে
পিতাইৰ বুকুৰ হুমুনিয়াহ
অঙ্গন: পৃষ্ঠাঃ 20
সুখৰ বাটকটীয়া
ড০ হৃদয় ৰঞ্জন দাস
আধি দিয়া দুখৰ মাটিডৰাৰ
গেলা বোকা খচি খচিয়েই
সুখৰ আঘোণীয়া পথাৰখনৰ
সোণালী সোণগুটিৰ সপোন ৰচে,
মানৱীজনম মানেইতো সুখ-দুখৰ এখনি বুটাবছা চাদৰ
তেজ-মঙহৰ কায়াত
লেপেট খাই মেৰিয়াই থকা এক জীৱন,
আইৰ প্ৰসৱ বেদনাৰ
দুখকো হেনো নুবোলে দুখ
প্ৰাপ্তিৰ দুৰন্ত হেঁপাহৰ অচিলাত,
নিজস্ব ঔৰসৰ এপাহি
সুগন্ধি পুষ্পৰ প্ৰত্যাশাত
সুখৰ ক্ষণ গণে পলে পলে,
ওঠন বক্ষৰ অমূল্য অমৃত
সুকোমল দুওঁঠত
গুঁজি দিয়াৰ স্বৰ্গীয় প্ৰশান্তিৰ
প্ৰহৰ লেখে প্ৰতিনিয়ত,
পিতাইয়ে শাওনীয়া পথাৰত গৰু খোজৰ একাঁজলি গংগাজল
ৰ'দে দহা উদং দেহৰ
নিমখীয়া ঘাম একাকাৰ কৰি
গৰুহালৰ পাছে পাছে
কেঁচা মাটিৰ গোন্ধেৰে
আমোলমোলাই
কেঁকোৰা নাঙল ঘুৰায়,
সেয়াও হেনো দুখ নহয় ,
জীৱন জীয়াৰ যুঁজত
অন্নমুঠিৰ অভাৱনীয়তা পূৰণৰ প্ৰত্যয়ত অটল,
সেয়াও যে হেনো পৰম সুখ,
তেনে কাৰ বাবেনো এই জীৱন যুঁজ
পূৱে ঢলফাট দিয়াৰে পৰা
বেলি ডুবালৈকে,
সীমাহীন দুখকো নোবোলে দুখ কাহানিও,
কাৰ, কিহৰ সুখৰ অচিলাত
সহে
অসহনীয় দুখ-বেদনাৰে
সিক্ত হৈ,
আজি আইৰ অসহনীয় প্ৰসৱ বেদনাৰ
প্ৰতিটো ক্ষণেই যেন সুখৰ আধাৰ,
আইৰ বুকুৰ মূল্যবিহীন অমৃতেই যেন
জীৱন জীয়াৰ আধাৰ,
দিবাকৰে দহি নিয়া পিতাইৰ
উদং দেহাটোৰে নিগৰি
বৈ যোৱা নিমখীয়া প্ৰতিটোপা
কেঁচা ঘামেই যেন সুখৰ আধাৰ ;
হে' কেঁচা মাটিৰ গোন্ধ লাগি থকা
মোৰ মাটিৰ মানুহ,
তয়েইতো ইহজনমৰ
অফুৰন্ত হেঁপাহৰ
জীৱন জীয়াৰ
অমোঘ মন্ত্ৰ......
অঙ্গন: পৃষ্ঠাঃ 21
কঠীয়া পৰাৰ পৰ
ৰাজেন বৰা
সীৰলুৰ তলৰ এহাত দলৈকে
দুহাত সুমোৱাই চুই চালোঁ তোমাৰ বুকুৰ উত্তাপ
নাভিমূললৈকে উমাল তোমাৰ জেঠুৱা দেহ
নীলোৰ্নভ চানি ৰৌদ্ৰ কামনাৰ জুই
কঠীয়া সিঁচাৰ সময় এয়া
বীজ বপনৰ বেলা
তলবল জলমল ৰৌদ্ৰজ্বল পোহৰৰ মেলা
চহাই মৈয়াই সমাৰ বাই ফেহু যেন কৰিছোঁ ফেহুজালিতে তোমাক
এয়া যে কঠীয়া পৰাৰ পৰ
পথাৰেই কৃষকৰ ঘৰ....
গজি উঠক বুলি
টোমত সঁচা আচুতীয়া সাঁচতীয়া শব্দ শইচৰ বীজ
হিয়া উজাৰি সিঁচি দিছোঁ মানসী পথাৰতো
এতিয়া যিদৰে এজাৰে বুকু উজাৰি সজাই দিছে বৰ্ণিল শৰাই প্ৰিয়তম ঋতুক
ঋভুক্ষ উন্মুখি অংকুৰিত হওক বহুব্ৰীহি শব্দ শইচ মোৰ
খামল খুলি কঠীয়াই গজালি মেলা বতৰ এয়া
জেঠৰ কঠীয়া পৰাৰ বতৰ...।
অঙ্গন: পৃষ্ঠাঃ 22
দেউতা
ৰুদ্ৰ সিংহ মটক
'অ'-'আ' নিচিনা দেউতা আছিল এজন চহা খেতিয়ক
ককাদেউতাৰ দিনৰে দ' পথাৰৰ মাটি দুবিঘাৰ
খেতিয়কৰ সমান পৃথিৱীৰ কোনো মানুহ সুখী হ'ব নোৱাৰে
খেতিয়কতকৈ পৃথিৱীৰ কোনো মানুহেই বেছি দুখী হ'ব নোৱাৰে
বাৰান্দাৰ পুৰণি চকীখনত বহি দেউতাই কৈছিল
কেৰাচিনৰ অভাৱত চাকি নজ্বলা বসন্তৰ কোনো এক
উদাস গধুলি
হতভগা বন্ধা কৃষকৰ দুখত দেউতাই
লুকাই লুকাই চকুপানী টুকিছিল
মহাজন জমিদাৰহঁতৰ সাতোটা ভঁৰাল লোভৰ লেলাৱতি দেখি
জুই একুৰা জ্বলিছিল দেউতাৰ বুকুত
আৰু দুবৰি গজা ককাদেউতাৰ হাড়কেইডালত
নাঙলৰ কুটিটোলৈ টোঁৱাই দেউতাই এদিন কৈছিল মোক
দুপৰৰ ৰ'দে পোৰা পথাৰত,--
চাচোন, মোৰ হাতৰ মুঠিত কেনেকৈ ক্ষয় গৈছে
এজাৰৰ নাঙলৰ কুটি
পিছে তিলমানো ছিগা নাই মোৰ হাতৰ খহটা তলুৱা
তোক হ'লে মই হাল বাব নিদিওঁ জাল
বাব নিদিওঁ ধৰিব নিদিওঁ এই কেঁকোৰা নাঙলৰ কুটি
সোণটো মোৰ ,তই ডাঙৰ মানুহ হ'বি অ'
তই আখৰ চাইটা শিক, কলমৰ প্ৰেমত পৰ মানুহৰ
প্ৰেমত পৰ
তোৰ কলমৰ তেজতো এদিন জ্বলি উঠিব পাৰে
নাঙলৰ ফালৰ সেই ক্ষোভৰ জুইকুৰা... ...
মই কথাবোৰৰ ভূ-ভা পোৱা নাছিলো তেতিয়া
বুজা নাছিলো দেউতা প্ৰায়ে কিয়
শেষ ৰাতিহে ঘৰ সোমাইছিলহি ভাগৰুৱা জোনৰ দৰে
হঠাৎ এদিন আমাক সকলোকে এৰি থৈ দেউতা নিখোজ হৈছিল গাঁৱৰ পৰা
এদিন দুদিনকৈ কুৰিটাকৈ দিন পাৰ হৈছিল
পাৰ নোপোৱা চকুলোৰ বানত
হঠাৎ খবৰ আহিল কাকতত ; দেউতাৰ
গুলিবিদ্ধ ৰক্তাক্ত দেহটো উদ্ধাৰ হৈছে
নক্সালবাৰীত
অঙ্গন: পৃষ্ঠাঃ 23
ষ্টেচনত ৰে'লখন ৰ'লেই মই সপোন দেখোঁ
দীপালী বৰুৱা
ইতিহাসৰ স্তনপান কৰা মানুহৰো
আত্মাৰ আধাডোখৰ ওলমি থাকে
ধৰ্মৰ পাঠশালাত
বিজুলীৰ পোহৰত
জক্মকাই জিলিকি থকা ঘৰবোৰো
ভয়ানক অন্ধকাৰত ডুবি থাকে
গগণচুম্বী অট্টালিকাৰো
কি যে গভীৰ নৈৰাশ্য !
নাথাকে নাথাকে
ক'তো আত্মা নাথাকে
ইতিহাসৰ আত্মাক চুব পৰাকে ।
এটা অজুহাততে প্ৰজাই ভাঙি দিব পাৰে
ৰজাৰ ভোগালী কাৰেং
সংকীৰ্ণ বন্দীত্বতো জন্ম হ'ব পাৰে
এটা নতুন তৰা ... কৃষ্ণৰ দৰে।
ষ্টেচনত ৰে'লখন ৰ'লেই
মই সপোন দেখোঁ
একাদশীৰ জোনটোৰ দৰে...
অস্তাচলৰ বেলিটোৰ দৰে ...
ষ্টেচনত ৰে'লখন ৰ'লেই
মই সপোন দেখোঁ
এটা সূৰুযমুখী সপোন।
অঙ্গন: পৃষ্ঠাঃ 24
সময়ৰ ডায়েৰী
কমল ৰাজবংশী
সময় এজাক শব্দ —
কেতিয়াবা কঁপাহৰ দৰে নম্ৰ,
কেতিয়াবা বৰষুণৰ দৰে নিৰ্দয়,
আৰু কেতিয়াবা চকু-নমোৱা হৈ ওলাই যায়…
জানিবলৈ নিদিয়ে কেতিয়াবা
কিমান শব্দ গুচি গ’ল,
কিমান চকুলোৰে কথাবোৰ লিখা হ’ল !
মই সময়ৰ ডায়েৰীত পৃষ্ঠাবোৰ ওলটাই চাইছোঁ,
স্মৃতিবোৰ কালি হ'ল,
আৰু কালি আজি।
হাঁহিৰ মাজতো থকা
সেই পোনপটীয়া বিষটো…
কেতিয়াবা ক’ব খুজিছিল —
“মোক পাহৰিলি নে ?”
আৰু মই ক’ব নোৱাৰিলোঁ,
কাৰণ সময় আছিল —
সাক্ষী, সৃষ্টিকাৰী, আৰু এক নীৰৱ নায়ক।
তেওঁ জানিছিল,
সকলোৱে নিজৰ দৰে থাকিব নোৱাৰে।
আজিও ডায়েৰীৰ এখন খালি পৃষ্ঠা —
হয়তো কাইলৈ লিখিম,
নতুন আশাৰ, নতুন বতাহৰ —
এটা কাব্য,
য'ত সময়ো হাঁহিব।
ঠিকনা
বাইহাটা চাৰিআলিৰ
অঙ্গন: পৃষ্ঠাঃ 25
মাটি মুদ্ৰাৰ পৃথিৱীত
শৰৎ হাজৰিকা
ডাৱৰ ক’লা চকামকা নহয়
মাটি মুদ্ৰাৰ পৃথিৱী পঢ়িম
জপৰা বাটৰ উখনা নহয়
টিঙনা মাটিৰ জকৰা ভাঙিম
আৰু সাধুকথাৰ সেই বাৰীৰ কল-কচু ,ধান ৰখা মাটিচম্পাজনীক মোৰ কলিজাৰ ভুঁই কৰি ৰাখিম
হুৰ্হুৰ্ হুৰ্হুৰ্ ক’ৰে বতা চৰাই
হুৰ্হুৰ্ হুৰ্হুৰ্ ক’ৰে হালধীয়া চৰাই
জপৰা মাটিৰ পোক খা আৰু উৰি যা
মোৰ যে মাটিচম্পাৰ ভুঁই নাখাবি
বাৰীৰ শাক-পাতৰ বাগিচাখন নাভাঙিবি
তোক ধৰি ডেউকা ভাঙিম
জ্বলাম তোৰ মায়া-মুদ্ৰাৰ মেঘ
আৰু মাটি মুদ্ৰাৰ পৃথিৱীত
নাহৰ পাতৰ আকাশ পঢ়িম !
ঠিকনা:
ৰঙাগড়া হাইস্কুল
ৰঙাগড়া ঘাট
গোলাঘাট(অসম)
৭৮৫৬১১
ফোন=৯১০১০২৫৬৬৪
অঙ্গন: পৃষ্ঠাঃ 26
হৃদয়ৰ অনুবাদ
নিকি মেধি
চিৰ প্ৰজ্বলিত তোমাৰ
কপালৰ ৰঙা সেন্দুৰৰ
ফোঁটটিত
মোৰ অভিমান লুকুৱাই
আজিও সুখী মই
দূৰে দূৰে
অক্ষমতাই বাধাৰ দেৱাল
তোমাৰ চিৰউদ্ভাসিত সুখবোৰ
কাঢ়ি অনাৰ
হৃদয়ৰ অন্তকোণৰ পৰা
মাথোঁ ধন্যবাদ
তোমাৰ এক্ষন্তেক সঁহাৰিৰ বাবে
মৃত্যু মোৰ ৰাগিয়াল নিচা,
"মোৰ প্ৰাণৰ পুতৰি অ' "
ভালে থাকিবি ,
আৰু
সাত জনমলৈ মোক ক্ষমা
কৰি দিবি !
মোৰ মৃত্যু কালত
নুতুকিবি এটুপি চকুলো
তোমাৰ অশ্ৰুৰ টোপালে নুমোৱাই পেলাব মোৰ চিতাগ্নি
কবি মই
কব্যিকতাতেই বিলীন
হৈ যাম ।
বিচাৰিলে শব্দৰ কোঁহে কোঁহে পাবা মোৰ ঠিকনা
সময় হ'লে লুটিয়াই চাবাচোন।
অঙ্গন: পৃষ্ঠাঃ 27
বেলাভূমি অপেশ্বৰী
আইৰিছ বর্মন
ফুটুকাৰ ফেনবোৰে আজিনো
দোকমোকালিতে কিহৰ তাল বজাইছেহি!
গছৰ পাতবোৰেও চোন
বতাহতে নাচি-বাগি মতলীয়া হ'লহি,
শুৱলা গীতৰ ধ্বনিত ,
চাও নেচাওকৈ
বুজিও নোবোজাকৈ,
বাটৰ কাষতে
কোনে আহি
লগালেহি মাত !
খন্তেকৰ কাৰণে ৰঙাচিঙা পৰা,
অচিন মনৰ শুনো
সেই অবুজ ধপধপনি।
তিতি যোৱা পাতখিলাটো হেনো,
সেই শীতৰ টোপালবোৰত
ইন্দ্রধনুৰ দৰে জিলিকিছে।
খন্তেকৰ বাবে জিৰালোহি
পিচল খোৱা ঠাই ডোখৰত!
সাগৰৰ শুকান বালিৰে গঢ়া,
জীৱন্ত বেলাভূমিৰ অপেশ্বৰীৰ
শুনো মৃদু ধ্বনি।
অঙ্গন: পৃষ্ঠাঃ 28
মন্থন
আৰিফ আলি জামান
আজি কালি ভাল নলগা হৈছে আদ্দা,
ভাল নলগা হৈছে নিশাৰ যাত্ৰা
ভাল লগা হৈছে নিজৰ কক্ষৰ নিৰ্জনতা।
সলনি হৈছে জীৱনৰ বহু কথা ,
আজি কালি শুই উঠা হৈছোঁ সোনকাল ।
দায়িত্বৰ তাগিদাত কিন্তু
নিশা শুৱাটো আজিও দেৰি হয়তো...?
আজি কালি কথা ক'বলৈ এৰি দিছোঁ ।
কোনবাই কিবা কলে
শুনিবলৈ এৰিছোঁ, শুনিলেও
চিন্তা কৰিবলৈ এৰিছোঁ ।ক্ৰমত সংখ্যাটো কমাই দিছোঁ।
আজি কালি ক'বলৈ এৰিছোঁ।
আজি কালি শুনিবলৈ এৰিছোঁ ।
আজি কালি চিন্তা কৰিবলৈ এৰিছোঁ ।
আজি কালি চাবলৈ শিকিছোঁ।
চিনিবলৈ জানিছোঁ ।।
অঙ্গন: পৃষ্ঠাঃ 29
পঙ্কিল এই জীৱন
বাবুল ভূঞা
জীৱন নাটৰ আজি
তুমি ভাৱৰীয়া
মইয়ো ভাৱৰীয়া তাৰ
জীৱন আমাৰ
বৰ যে পঙ্কিল
নাই তাৰ পাৰাপাৰ
পাই হেৰুৱাইছোঁ যেন
বালিৰ মুকুতা আমি
চাই হেৰুৱাইছোঁ তোমাক
জীৱন নাটৰ মাথোঁ
পৰিধি বিচাৰি
হেৰুৱাই পেলাইছোঁ জোনাক
ঘাট প্ৰতি ঘাটৰ
কলীয়া ডাৱৰবোৰে
সপোনৰ চানেকি নাশি
জীৱন নাটৰ যেন
সজাইছে সমাধি ...!!
ঠিকনা:
দুলীয়াজান,
ডিব্ৰুগড় অসম
অঙ্গন: পৃষ্ঠাঃ 30
বৰষুণৰ উচুপনি
পলাশ শৰ্মা
উৰুখা পঁজাৰ সপোনবোৰ উচুপনি হৈ সৰি থাকে।নৈ-পৰীয়া মানুহৰ বুকুৱেদি
চিনাকি নদীখনৰ
অচিনা ঢৌবোৰ সাৱটি
পথাৰখন ওফন্দি আহে,
শোকৰ শৰাধ পাতিবলে'।কোনে কাৰ খবৰ ৰাখে
মাথোঁ দুখৰ বুকুত
মুখ গুজি
ৰজাঘৰীয়া দোলাৰ
সন্মিলিত শুভাকাংক্ষাবোৰ কান্ধ সলাই আগুৱাই থাকে ।।
ভ্ৰাম্যভাষ ৭৬৬২৮০২২১০
অঙ্গন: পৃষ্ঠাঃ 31
অশান্ত হৃদয়ৰ পদূলিত সৰাপাতৰ উচুপনি
কল্যাণী ডেকা
দুখৰ বাৰাণ্ডাত বহি ফেকুৰি ফেকুৰি কান্দিছিল হৃদয়ৰ চকীদাৰজনে
এসন্ধ্যা সুখৰ অপেক্ষাত
হেৰাই যোৱা জোনাকীবোৰক বিচাৰি
কালৰাত্ৰি জ্বলাই লৈছিল এডাল আধাপোৰা মমবাতি।
সিদিনা হাঁহিৰ মৃত্যু সভাত ৰাউচি জুৰি কান্দিছিল তেজাল মানুহবোৰে
বান্দৰৰ দৰে জঁপিয়াই গৈ
ছিঙি খাইছিল কেহৰাজ বনৰ ফুলবোৰ
হাতীৰ দৰে শক্তিশালী মানুহবোৰৰ দেহৰ পৰা সৰি পৰিছিল মঙহবোৰ
পৰুৱাবোৰে হাঁহিছিল
লঠঙা গছৰ খোৰোঙত বহি
বুদ্ধিক বিক্ৰী কৰা জ্ঞানীসকলৰ সিদিনা আদ্যশ্ৰাদ্ধ পাতিছিল ।
তেজপিয়াৰ দৰে থৰ লাগি চাই থকা
দস্যুবোৰৰ ভোকৰ মোনাখন ফালি
এমুঠি যমুনা নদীৰ বালি সুমুৱাই দিছিল
ধূলিবোৰে হাঁহিছিল
অকৰ্মন্যতাৰ পদূলিত মৰহি যোৱা মূৰ্খতাৰ দীঘলীয়া শাৰী দেখি ।
(নলবাৰী)
অঙ্গন: পৃষ্ঠাঃ 32
ৰেচিপিঃ
চুজি মৈদাৰ কেক
১/এক কাপ চুজি
২/এক কাপ মৈদা
৩/এক কাপ চেনি
৪/ তিনি চাহ চামুছ
৫/ ৰিফাইন
৬/ এচামুচ বেকিং পাউদাৰ
৭/এটিপা নিমখ
প্ৰণালী:- মিশ্ৰণ খিনিত জোখ মতে নিমখ লৈ ভাল দৰে মিহলাই ল'ব। এতিয়া অলপমান চেঁচা গাখীৰ লৈ মিশ্ৰনটো ফেটি ল'ব। ভাল দৰে ফেটি লৈ দুই মিনিট মান সময় ঢাকি থ'ব। এটা পাত্ৰত অকণমান ৰিফাইন সানি ফেটি লোৱা সামগ্ৰীখিনি ভাল দৰে ঢালি লৈ ডাঙৰ চচ্ পেন বা পেচাৰ কুকাৰত দি গেছত তুলি দিব। পেচাৰত দিলে পেচাৰৰ হুইছেলটো খুলি দিব।
যুগুতালেঃ
ৰাজলক্ষ্মী বৰঠাকুৰ
অঙ্গন: পৃষ্ঠাঃ 33
সাক্ষাৎকাৰঃ
সমীৰণ বৰঠাকুৰৰ সৈতে এক্ষন্তেক
সাক্ষাৎকাৰ গ্ৰহণঃ প্ৰস্তুতি শৰ্মা
নমস্কাৰ, আজিৰ সাক্ষাৎকাৰ অনুস্থানলৈ আপোনাক অঙ্গন আলোচনীৰ ফালৰ পৰা সাদৰ সম্ভাষণ জনালো। আপুনি প্ৰথমে আমাৰ পাঠকক আপোনাৰ জন্ম আৰু শিক্ষা জীৱনৰ বিষয়ে কিছু কথা জনালে সুখী হ'ম।
: নমস্কাৰ৷ বহুত ধন্যবাদ প্ৰথমেই ,'অংগন' আলোচনীৰ সমূহ বিষয়ববীয়াক এই সাক্ষাৎকাৰত মোক নিৰ্বাচিত কৰাৰ বাবে ৷ মোৰ জন্ম যোৰহাট জিলাৰ টীয়কত ৷ মোৰ স্কুলীয়া শিক্ষা জ্যোতি বিদ্যাপীঠত ৷ তাৰ পিছতেই আমগুৰিৰ অৰুণোদয় একাডেমীত উচ্চতৰ মাধ্যমিক আৰু পৰৱৰ্তী সময়ত কাকজান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰোঁ ৷ ইয়াৰ উপৰি সাংবাদিকতাৰ বাবে Djmc বিষয়ত ডিপলমা গ্ৰহণ কৰো ২০১৯ চনত।
দ্বিতীয় প্ৰশ্ন: আপুনি সাম্প্ৰতিক সময়ৰ
এগৰাকী জনপ্ৰিয় সাংবাদিক , সাংবাদিক হোৱাৰ কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিছিল এই বিষয়ে আমাক জনাবনে ?
: জনপ্ৰিয় শব্দটো মোৰ লগত কিমান খাপ খাব মই অনুভৱ কৰিব পৰা নাই ৷ এই ক্ষেত্ৰৰ জৰিয়তে আচলতে এখন সমাজ পাইছোঁ ৷ ব্যক্তিগত বিষয়বোৰতকৈ মানৱীয় মূল্যবোধ উপলব্ধি কৰিব পৰা অলপমান মানুহৰ লগত জড়িত হ'ব পাৰিছোঁ ৷ সেয়াই সুখ। সাংবাদিক কেনেকৈ হৈছিলো বুলি ক'বলৈ গ'লে মই সৰু কালৰ এটা বিশেষ কথা ক'ব লাগিব ৷ তেতিয়া মই ষষ্ঠ শ্ৰেণীত আছিলো ৷ যোৰহাটৰ পৰা প্ৰকাশ পোৱা এখন শিশু আলোচনী আছিল ৰংমেলা। ৰংমেলা আলোচনীখনে শিশুৰ জৰিয়তে এখন বাতৰি কাকতো প্ৰকাশ কৰিছিল ৷ শিশুবাণী নামৰ কাকতৰ লগত ষষ্ঠ শ্ৰেণীতে জড়িত হৈছিলো ৷ আন সাংবাদিকৰ দৰে মইয়ো চেষ্টা কৰিছিলো বাতৰি সংগ্ৰহ কৰিবলৈ। তেনেকৈয়ে যাত্ৰা আৰম্ভ হৈছিল সাংবাদিকতাৰ ৷ লাহে লাহে সময় পৰিৱৰ্তন হ'ল সেই অনুযায়ী মঞ্চ পৰিৱৰ্তন হ'ল ৷
ধন্যবাদ। আমাৰ তৃতীয় প্ৰশ্ন: শৈশৱ কালত আপুনি হেনো ছাত্ৰ ৰাজনীতিও কৰিছিল সেই বিষয়ে আমাক অলপ ক'বনে ?
: আচলতে শৈশৱত নহয় ,ছাত্ৰ ৰাজনীতিৰ প্ৰতি সৰুৰ পৰা আকৃষ্ট আছিলো ৷ ৰাজনীতি মানে ক্ষমতাৰ লালসাৰ কথা নাই কোৱা। ময়ো পাৰিম ,ময়ো চেষ্টা কৰিম বুলি এটা ধাৰণাহে আছিল ৷ ইয়াক ৰাজনীতি বুলি ক'ব নোৱাৰি ৷ সৰুৰ পৰাই মাইক্ৰফোনৰ আগত কথা কোৱাৰ এটা হেঁপাহ জন্মিছিল আৰু হেঁপাহটোক সময়ে সুবিধা দিলে। উচ্চতৰ মাধ্যমিকত পঢ়ি থাকোতে নৱাগত আদৰণি সভাৰ আঁত ধৰাৰ পৰা আৰম্ভ হৈছিল এক যাত্ৰা ৷ লাহেকৈ কলেজীয়া যাত্ৰা আৰম্ভ হৈছিল। কথা কোৱাৰ হেঁপাহটোৱে নিজক এটা উদ্যম দিলে ৷ সেই উদ্যমটোৰ জৰিয়তেই চেষ্টা কৰি গ'লো ৷ দহজন বন্ধুয়ে ছাত্ৰ একতা সভাত প্ৰতিনিধিত্ব কৰিবলৈ আহবান জনালে আৰু ছাত্ৰ একতাৰ সভাৰ সভাপতি হ'লো ৷ আচলতে কিবা এটা কৰিবলৈ, অন্যায়ৰ বিৰুদ্ধে সততাৰে মাত মাতিবলৈ সুবিধা এটা পাইছিলো ৷
ধন্যবাদ, আপোনাৰ ছাত্ৰ ৰাজনীতিৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল। আপোনালৈ আমাৰ চতুৰ্থ প্ৰশ্ন: যদি আপুনি আজি সাংবাদিক নহ'লে হেঁতেন তেন্তে কি হ'ল হেঁতেন ? এই বিষয়ে কিবা ক'বনে ?
: মই সৰুতে দুটা সপোন দেখিছিলোঁ। সাংবাদিক হ'ম আৰু মোৰ নিচা আছিল অভিনয়। অভিনয়ো কৰিছিলো ৷ সাংবাদিকতাৰ পৃষ্ঠাৰ আঁৰত মোৰ অভিনয়ৰো সৰু বৰ এক যাত্ৰা আছিল ৷ স্কুলীয়া দিনতে ৰাজ্যিক ভিত্তিক প্ৰতিযোগিতাত সন্মানিত হৈছিলো ৷ ইয়াৰ উপৰি মোৰ পৰিচালনাৰ এখন নাটক মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ নাটক হোৱাৰ উপৰি শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিলো। কেইবাটাও স্থানীয় নাট্যগোষ্ঠীৰো সক্ৰিয় সদস্য আছিলো। লাহে লাহে সাংবাদিকতা পেছালৈ ৰূপান্তৰিত হোৱাত অভিনয় কৰাৰ সুযোগটো কমিল। হয়তো সাংবাদিক নোহোৱা হ'লে অভিনয়ক কেৰিয়াৰ হিচাপে লোৱাৰ যত্ন কৰিলো হেঁতেন। ইয়াৰ উপৰিও মোৰ আন এক চখ আছিল ফটোগ্ৰাফী ৷ ফটো তুলি খুব ভাল পাইছিলোঁ। মই তোলা ফটো বহু আগশাৰীৰ বাতৰি কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশ হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় প্ৰতিযোগিতাৰ মই শ্ৰেষ্ঠ ফটোগ্ৰাফাৰো হৈছিলো। ফটোগ্ৰাফী কৰাৰ এতিয়াও মন ৷ কিন্তু এতিয়া সময়ৰ কিছু নাটনিৰ বাবে চখটো মৰহি যাবলৈ ধৰিছে। সাংবাদিক নোহোৱা হ'লে এই দুয়োটাৰ ভিতৰত কিবা এটা হোৱাৰ চেষ্টা কৰিলো হেঁতেন।
ধন্যবাদ, আমাৰ পঞ্চমটো প্ৰশ্ন: আপোনাৰ প্ৰথম সাংবাদিকতাৰ বিষয়ে কিছু কথা ক'বনে?
: ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে শিশু আলোচনীৰ পৰাই সাংবাদিকতাৰ মোৰ যাত্ৰা আৰম্ভ হৈছিল। তথাপিও স্থিৰ হৈ সাংবাদিকতাকে পেছা হিচাপে লৈ আগবাঢ়িম বুলি এটা ধাৰণা হৈছিল দৈনিক জনমভূমি কাকতত জড়িত হোৱাৰ পৰা। নিজে নিজে সময়ে ইয়াক পেছালৈ ৰূপান্তৰ কৰিলে।
ধন্যবাদ । আপোনাৰ সাংবাদিক জীৱনে সফলতাৰ শিখৰ অতিক্ৰম কৰক। তাৰে কামনাৰে আপোনালৈ ষষ্ঠটো প্ৰশ্ন: নতুন প্ৰজন্মৰ গণমাধ্যমৰ ছাত্ৰ ছাত্ৰী সকললৈ আপোনাৰ একাষাৰ ?
: নতুন প্ৰজন্মক ক'ব পৰাকৈ মই কিমান যোগ্য মই নাজানো। প্ৰশ্নটোৰ খাতিৰত উত্তৰটো দিছো যে, এইক্ষেত্ৰখনত ভৰি দিয়াৰ আগত নিজক সুধি ল'বা এই যাত্ৰাটোত নিজকে কি ধৰণেৰে জড়িত কৰিম ! বহুতে ভাৱে সাংবাদিকতাত গ্লেমাৰ আছে, ক্ষমতা আছে ৷ কিন্তু মই কওঁ গ্লেমাৰ আৰু ক্ষমতাৰ আশা বাদ দি যদি কোনোবা এই ক্ষেত্ৰলৈ আহিব বিচাৰে তেন্তে আহক। সাংবাদিকতা যথেষ্ট সহজ যদিহে সাংবাদিকতাটো এটা কাম বুলি নধৰি অনুসন্ধিৎসু মন এটাৰে আগবাঢ়া ৷ এই ক্ষেত্ৰখন যথেষ্ট প্ৰত্যাহ্বান মূলকো, কাৰণ বৰ্তমান সময়চোৱাত যথেষ্ট মাধ্যম হ'ল, ৰেডিঅ'-বাতৰি কাকতৰ পৰা টিভি, পৰ্টেল সকলো দৰ্শকৰ ৰুচি পূৰণ কৰাটো আজিৰ তাৰিখত যথেষ্ট কঠিন।
ধন্যবাদ। নৱাগত সাংবাদিক বা সাংবাদিকতাৰ সপোনেৰে আগবঢ়া সকললৈ আপুনি এটি সুন্দৰ উপদেশ তথা মন্তব্য আগবঢ়োৱাৰ বাবে। আমাৰ সপ্তমটো প্ৰশ্ন: শেহতীয়াকৈ প্ৰতিদিন time ৰ সাংবাদিক হিচাপে কৰ্মৰত অৱস্থাত আপুনি লাভ কৰা অভিজ্ঞতাৰ বিষয়ে চমুকৈ দুআষাৰমান।
:অভিজ্ঞতা যথেষ্ট সন্তোষজনক ৷ আমাৰ প্ৰতিষ্ঠানত ভাষাৰ শুদ্ধ প্ৰয়োগত যথেষ্ট গুৰুত্ব দিয়ে ৷ সেইয়া আজিৰ তাৰিখত এটা ইতিবাচক দিশ ৷ মই সৌভাগ্যৱান এনে প্ৰতিষ্ঠানৰ অংশীদাৰ হৈ ৷
মহোদয় আপোনাক অশেষ ধন্যবাদ যে আপুনি আপোনাৰ অতি মূল্যৱান সময় আমাক প্ৰদান কৰি আমাৰ সৈতে আলাপ কৰাৰ বাবে। আশা কৰোঁ আপোনাৰ প্ৰতিটো কথাই আমাৰ পাঠকক উপকৃত কৰিব। শেষত পুনঃ আপোনাৰ সাংবাদিক জীৱনৰ উতৰোত্তৰ কামনা কৰি আমাৰ সাক্ষ্যাৎকাৰ অনুস্থানটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ
ধন্যবাদ আপোনালৈ তথা অঙ্গনৰ পৰিয়াললৈ। এই অভাজনক আপোনালোকৰ আলোচনীৰ পৃষ্ঠাত মোক স্থান দিয়াৰ বাবে। অঙ্গনৰ সফলতা কামনা কৰি পুনৰ বাৰ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ধন্যবাদ
অঙ্গন: পৃষ্ঠাঃ 34
গল্পঃ
ভালপোৱা
নবনীতা বৰুৱা
ব্ৰহ্মপুত্ৰৰ বালিচৰত খোজ দি জপিয়াই জপিয়াই গৈ থাকিল নীলা। এজনী যেন চঞ্চল চপলা ষোড়শীহে।আজি তাই এজনী গাভৰুয়ে হ'ব। কিমান আৰু মনটোক; হেঁপাহ বোৰক হেঁচা মাৰি ধৰি ৰাখিব ? আজি মনটোক বয়সৰ জোখৰে নোজোখে।কোনোবাই কিবা ক'ব ?
মানুহে কি ভাবিব ?
সেইবোৰ এতিয়া আৰু নাভাৱে নীলাই।
অন্যৰ বাবে বহুত কৰিলে। কি পালে ? সেই প্ৰশ্নটো মনলৈ আহিলে এখন ভয় লগা অতীত আহি দোলা দিবহি। নাভাৱে একোকে।
আজি নীলা নিজৰ বাবে জীব। জী চাব বুকুত এসোপা মান ভাল লগা ভালপোৱাই হেঁচা মাৰি ধৰিলে কেনেকৈ সময়বোৰ উপভোগ কৰিব পাৰি। সমস্ত ভালপোৱা উজাৰি সমগ্ৰ সত্তাৰে জীয়ন দিব মৃতপ্ৰায় এই মন নামৰ বস্তুটোক।
এটা অতি আকাংক্ষিত দিন। এনে এটা দিন যেন ভাগ্যৰ মূৰতহে পাইছে।একান্ত নিজৰ দিন এইটো।হেঁপাহ পলোৱাই জী ল'ব।প্ৰতিটো উশাহ বুকুত গুজি ল'ব।
আজি অতবছৰৰ পিছত অভিৰ হাতত হাত ধৰি বালিচৰত ঘূৰি ফুৰিছে। সৰু সৰু ঘুমটিবোৰৰ পৰা পকৰি, ঘুগুনি কিনি খাইছে। পানীত নামিছে, কথা পাতিছে, শুনিছে। দুয়ো দুয়োৰে আধা আধৰুৱা কথাবোৰ পাতিছে।শেষেই নহ'ব যেন।
অভিৰ গহীন গম্ভীৰ মুডৰ দুচকুৰ গভীৰতাবোৰ চছমাৰ আঁৰেৰে চাই ৰ'ল নীলাই।একেই দেখোন। সকলো একেই আছে। ভাল লগা ভালপোৱা অনুৰাগ আকৰ্ষণ সকলো একেই আছে। তেন্তে ? পাৰ্থক্য ক'ত আছে ?
আগতেওতো পাতিছিল।
আছে, পাৰ্থক্য আছে।
এক বিশাল পাৰ্থক্য আছে।
এক প্ৰাচীৰ আছে দুয়োৰে মাজত। সমাজৰ প্ৰাচীৰ।
কলেজত লগ পাইছিল দুয়ো। ফুল, গল্প, কবিতা ভালপোৱা নীলাই জীৱনটোও তাই ভৱাৰ দৰেই ফুল তৰা গান বুলি ভাবিছিল। কিন্তু জীৱনৰো আছে এক সুকীয়া ঠিকনা। অভিজিত তাইৰ ভৱিষ্যৎ নাছিল। প্ৰেম আছিল জানো দুয়োৰে মাজত ? নাজানিলে দুয়ো, আজিও। ভাল লাগিছিল খাটাং। চকুত চকু পৰিলেই ভাল লগাবোৰে চুই গৈছিল।সেইয়া আছিল এহাল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ আৱেগ। হয়তো বিয়াৰ প্ৰৰ্যায়লৈ যোৱা প্ৰেম নাছিলেই। ভালপোৱাবোৰে পোখা মেলাৰ আগতেই দুয়ো দুয়োৰ পৰা আঁতৰি গৈছিল।
আৰু আজি অতবছৰৰ মূৰত নতুন পৰিচয়ৰে নতুন চিনাকী।
নিম্ন মধ্যবিত্ত ঘৰৰ ছোৱালী আছিল নীলা।মাক-দেউতাকৰ একমাত্ৰ ছোৱালী। দুটা ককায়েকৰ মাজত মৰমৰ ভনী। বি এ পাছ কৰিয়েই আৰু পঢ়িব মন আছিল। কিন্তু আঢ্যৱন্ত ঘৰৰ একমাত্ৰ সন্তান গৌতমৰ লগত বিয়া দি দিছিল দেউতাকে। টকাই সকলো সুখ দিব পাৰে বুলি সকলোৰে বুজনিত তায়ো মানি লৈছিল জীৱনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত। বিয়াৰ দিন ধৰি প্ৰতিদিন তাই বিচৰা "সুখ" বিচাৰি হায়ৰাণ হৈ পৰিছিল।সৰু সৰু কথাতে সুখ বুটলি ফুৰা নীলাই দেখিছে গৌতমহতঁৰ সুখৰ সংজ্ঞা বেলেগ। ফুল ভালপোৱা নীলাই ইয়াত দেখিছে বহু দেশী বিদেশী বিভিন্ন ফুল, অৰ্কিড, কেক্টাছ , বনছাই।মালীয়ে তদাৰক কৰা ফুলবোৰ তাই লিৰিকিবিদাৰি চাই। নাই তাই নিজ হাতে কৰা ফুলখিনিৰ দৰে সুৱাস বিচাৰি নাপায়।
মনত পৰে নীলাৰ,
নীলাহঁতৰ ঘৰত গোলাপ তগৰ জবা খৰিকাজাই আদি বহুত ফুল আছিল। এদিন সৰুতে দেউতাকৰ লগত মানুহ এঘৰত টাবত ৰোৱা ফুল দেখিছিল। ওলোমাই থোৱা নুফুলা ফুলবোৰে তাইক বৰ আকৰ্ষিত কৰিছিল। তাই মাত্ৰ চাই ৰৈছিল। ভাল লাগিছিল তাইৰ। তায়ো ৰুব। সিহঁতৰ ঘৰতো এনেকৈ টাবত ফুল ওলোমাই থ'ব। অকণো আপচোচ নকৰাকৈ সৰু মনটোৰে প্ৰথমবাৰ ফুল খুজিছিল তাই। একেবাৰে সুলভ, অদৰকাৰী দুটামান দি পঠাইছিল। তাকে আগ্ৰহেৰে আনি দৈৰ মলা আমূলৰ খালি টেমাত ৰুই থৈছিল।নিজে মাটি দি ৰুই পানী দিছিল। নিজে কষ্ট কৰি মৰমত ৰুইছিল বাবেই নেকি সেই সাধাৰণ ফুলখিনিও অসাধাৰণ হৈ পৰিছিল দেখোন।
: আণ্টী ডাৱ এটা দিও নেকি ?
: হা ?
সৰু যেন লগা ল'ৰাটোৰ মাতত উভটি আহিল নীলা।
দিয়া। এটা ।
এটা ডাৱকে দুডাল ষ্ট্ৰ' ভৰাই দুয়ো শিল এচটাত বহি চুমুক দিলে। ডাৱৰ পানীতো ইমান মিঠা থাকেনে ?
দুয়ো দুয়োলৈ চাই ৰয়।
ভালপোৱাৰ কোনো প্ৰমাণ অস্তিত্ব বা প্ৰতিৰূপ নালাগে।এয়াই যদি ভালপোৱা তেন্তে তাই এই বয়সতো প্ৰেমত পৰিছে। ওৰেটো জীৱন প্ৰেমৰ নামত হাবাথুৰি খাই ফুৰা তাই যেন কিবা অলপ বিচাৰি পাইছে। সুখী আজি তাই। সুখী হ'বলৈ গৌতমক সুখী কৰিবলৈ বিয়াৰ পিছত অহৰহ চেষ্টা কৰি আহিছিল।কিন্তু বুজি পালে কিছুমান মানুহক বুজিবলৈ, সুখী কৰিবলৈ ওৰেটো জীৱন কম হ'ব। গৌতমৰ অত্যাধুনিক জীৱনত তাই চেষ্টা কৰিও সি বিচৰা ধৰণে হ'ব নোৱাৰিলে।সিয়ো প্ৰায়ে কয় এজনী পত্নী হৈও দিব নোৱাৰা খিনি সি তাৰ প্ৰেমিকাৰ ওচৰত পায়।
মানি লৈছিল নীলাই।প্ৰত্যেকৰে জীৱনত নিজ ইচ্ছাৰে জীৱলৈ, সুখী হ'বলৈ অধিকাৰ আছে।
মুক্ত কৰি দিছিল গৌতমক তাই বুজা বুজিৰে। গৌতম সুখী হৈছিল তাৰ প্ৰেমিকাক বিয়া কৰাই। আৰু নীলা ?
মাক দেউতাক বিহীন ঘৰখনলৈনো কি বুলি যাব ?ককায়েক বৌয়েকহঁতক আমনি নকৰিলে। নিজৰ সৰু চাকৰিটোকে লৈ সমাজ নামৰ বান্ধোনটোৰ পৰা আঁতৰি আহি মহানগৰীৰ অগণন মানুহৰ মাজত বিলীন হৈ পৰিছিল অপৰিচিত অচিন ৰূপত। নিসংগতা, অকলসৰীয়া, স্মৃতি, অতীতে আসৈ নাপাবলৈ নিজকে ব্যস্ত ৰাখিছিল। কলমটো হাতত তুলি লৈছিল। এনেই আঁকবাক কৰিছিল।প্ৰয়োজনীয় অপ্ৰয়োজনীয় সকলো লিখি পেলাইছিল।
সেয়া বহু সকাহ আছিল নিজক ফাঁকি দিয়াৰ।
আৰু এদিন সময়ে মিলাই দিলে অভিক। মহানগৰীৰ ভিৰৰ মাজতো।
কাকতলীয়াতো ভাগ্যৰ লিখন থাকে নেকি ? হয়তো থাকে।
সময়েই অভি নীলাক মিলাই দিছে। দিনটোৰ ব্যস্ততাৰ অন্তত দুয়ো দুয়োলৈ সময় উলিয়ায়। ফোনত মেচেজত কথা পাতে। খবৰ ৰাখে প্ৰতিপলৰ। অভিয়ে বহুদিনলৈ কোৱাই নাছিল ব্যক্তিগত কথাবোৰ। সুধিলেও ভালেই, সুখী বুলি শলাগি থৈছিল। জানে নীলাই। খবৰ ৰাখিছিল । ইঞ্জিনিয়াৰ অভিয়ে একেলগৰ গাৰ্গীক বিয়া কৰাইছিল। ইঞ্জিনিয়াৰিং কলেজৰ আটাইতকৈ চকুত পৰা গাৰ্গীক পাই দস্তুৰমত অভি সুখী হ'বই বুলি ভাবি লৈছিল। গাৰ্গী বহুত উচ্চকাংক্ষী আছিল। অৰ্হতাৰে চাকৰি পাই আৰ্থিকভাৱেও টনকিয়াল হৈছিল। অভিও হ'ব লাগিছিল। নহ'ল।
কিছুমান কথা নিয়মমতে নহয় দেখোন ?
ইঞ্জিনিয়াৰ হৈয়ো অভিয়ে চাকৰি নিবিচাৰিলে। নকৰিলে । বিভিন্ন এন জি অ'ৰ লগ লাগি অনাথ আশ্ৰম, বৃদ্ধাশ্ৰমবোৰত মন প্ৰাণ সঁপি দিলে। বাটৰ কুকুৰ, গৰু-ছাগলী বোৰত মন দি নিজৰ সংসাৰখনৰ মসৃণ বাটত আগবাঢ়িব নোৱাৰিলে।ফলত গাৰ্গী গুচি গ'ল দুটি যমজ সন্তান লৈ বাংগালোৰলৈ । পিছত পৰিয়ালৰ লগত আমেৰিকা নিৱাসী হৈছিল। অভি ৰৈ গৈছিল নিজৰ ভাল লগা কামবোৰৰ মাজত। সুখী হৈছিল বহুতেই বেয়া পোৱা কামবোৰ কৰি। আইনমতে দুয়োৰে ডিভোৰ্চ হোৱা নাছিল। কিন্তু কোনেও কাৰো খবৰ ৰখা নাছিল। দুয়ো দুটা ভিন্ন প্ৰান্তৰত ভিন্ন মানসিকতাত ব্যস্ত হৈ পৰিছিল। সময়ে দুয়োৰে মাজত এখন প্ৰাচীৰ গঢ়ি তুলিছিল। ইকুল-সিকুল নেদেখা এখ্ন প্ৰাচীৰ।
সকলো ঠিকেই চলি আছিল। হঠাতে কালি অভিলৈ গাৰ্গীৰ ফোন আহিল। অভিক সকলো পাহৰি আমেৰিকালৈ মাতি পঠাইছে। নিজৰ সন্তান দুটিয়ে নিজৰ দেউতাকক বিচাৰে। সিহঁত যিহেতু ভাৰতীয়, অসমীয়া গতিকে মাক দেউতাক একেলগে থকাটো বিচাৰিছে। অভিলৈ ফ্লাইটৰ টিকেটো দি পঠাইছে।
খবৰ টো শুনি নীলাৰ বেয়া লাগিব লাগিছিল। কিন্তু অকণো বেয়া লগাই তাইক চুই যোৱা নাই। অভি তাইৰ নহয়ে। জানে তাই। তাই অন্তঃকৰণেৰে বিচাৰে অভি সুখী হওক। নিজৰ পত্নী সন্তানৰ লগতহে যে জীৱনৰ আচল সুখখিনি থাকে বহুত ভালকৈ বুজি পায় তাই। তাইৰ বাবে কাৰোবাৰ সুখ কণ তাই কাঢ়ি ল'ব নোৱাৰে।ইমান স্বাৰ্থপৰ তাই কেতিয়াও নহয়। কিন্তু শেষ বাৰৰ বাবে এটা দিন অভিৰ লগত কটাব বিচাৰে। মুকলি আকাশৰ তলত। দায়বদ্ধতা, প্ৰেৰণা আৰু সফল ৰূপায়ণৰ নামেইতো ভালপোৱা।
তায়ো আজি অভিক ক'ব তায়ো যে উৰিষ্যাৰ এখন ভিতৰুৱা গাঁৱত অনাথ আশ্ৰ্ম এখনত নিযুক্তি পোৱাৰ কথা। তায়ো যাবগৈ অসম এৰি। অভি নথকা ঠাইখনত তায়ো নাথাকে।
দিনটো গৈ আবেলি হ'ল।আবেলি গৈ সন্ধিয়া হ'ল। দুয়ো ব্ৰহ্মপুত্ৰৰ পাৰৰ শিল এচটাত বহি সূৰ্যাস্ত চাই আছে।
: সূৰ্যাস্ত মানে শেষ ন' নীলা ?
হঠাতে অভিৰ প্ৰশ্নত উচপ খাই উঠিল নীলা। বহুপৰ তায়ো মৌণ হৈ ৰ'ল।
লাহে-লাহে অভিৰ হাতখন জোৰেৰে খামুচি কৈ উঠিল।
: নহয় অভি। দিনান্তৰ শেষত ভাগৰুৱা বেলিটোৱে অলপ জিৰণি ল'বই। তাৰ মানে এইটো নহয় যে সকলো শেষ হৈ গৈছে। সেয়া মাথোঁ এক অপেক্ষাৰহে লক্ষণ। এক সুন্দৰ পুৱাৰ, যি দিব নতুন বতৰা। নতুন সূৰ্যোদয়ৰে আকৌ এটা নৱ প্ৰভাতৰ আদৰণি, আৰম্ভণি,
: উম। মূৰ দুপিয়ালে অভিয়ে।
বহু দেৰিলৈকে দুয়ো চাই ৰ'ল দূৰৰ আধা ছাঁ আধা পোহৰ খিনিলৈ।
: মই আমেৰিকালৈ নাযাওঁ নীলা। এতিয়া তাত গৈ কি কৰিম ? মোৰ দুনিয়াখন দেখোন ইয়াতেই আছে। মোৰ সন্তানে কেতিয়াবা বিচাৰিলে মোকতো ইয়াতেই পাব। চকু ঘূৰাই একেথৰে নীলালৈ চাই খুব আঁকুলতাৰে সুধিলে-"তুমিনো কিয় যাব লাগে হা ?"
এজাক চৰাই নিজৰ বাহলৈ আপোন সুৰত মনৰ আনন্দত সিহঁতৰ মূৰৰ ওপৰেদি পাৰ হৈ গ'ল।
ব'লা এতিয়া। চৰায়ো নিজৰ বাহলৈ গ'ল। দেখিছাই। একো নক'লা ? এযোৰ তেজোদীপ্ত নয়নে পৰম বিশ্বাসেৰে তাইৰ চকুত চকু থৈ কিবা উত্তৰ বিচাৰিছে। পাৰিব জানো তাই অভিক না কৰিব ? আজি অত বছৰে বিচাৰি ফুৰা ভালপোৱাই আজি তাইক চুই গৈছে।
: আৰে বাবা ! তোমাক এৰি মই কেনেকৈ যাম কোৱা চোন ?
দুয়োখন হাতৰ মুঠিটো সবল হ'ল। আন্ধাৰতো জিলিকি উঠিল দুচকুত হাজাৰ সপোন দেখা দুখন মুখ। আকৌ অহা বাটেদি একেখিনি বালিতে খোজ পেলাই দুয়ো প্ৰশান্তিৰে উভটিল। অস্তগামী বেলিটোৱেও প্ৰমাণ কৰিলে সমাপ্তিও সুন্দৰ হ'ব পাৰে।
ঠিকনা:
জখলাবন্ধা
ফোন- 9101237233
অঙ্গন: পৃষ্ঠা 35
উভতিব নোৱাৰা বাটেৰে...
প্ৰণীতা ৰাণী বৰা
সময় সলনি হৈ আছে, সলনি হৈ আছে আমাৰ চৌপাশ। শৰীৰত বাঢ়ি অহা মঙহ, ঘন ক'লা চুলিৰ মাজৰ ৰূপালী আভাই সংকেত দিছে বহু কথাৰ। গম পায়ো নোপোৱাৰ ভাও ধৰি কিন্তু গৈ থকা হয় সময়ৰ লগে লগে। প্ৰত্যাশীয়ে আজি বহুদিনৰ মূৰত হেৰুৱা সময়ৰ সুবাস বিচৰাত মগ্ন হৈছে। কেনে আছে মোৰ পাৰ হৈ অহা সময়ৰ বুকুৰ চিনাকী সেই মুখবোৰ ? সকলো কুশলে আছেতো ? বুকুৰ কোমল হেঁপাহবোৰ, কণ কণ সপোনবোৰ সাকাৰ হৈছে নে সকলোৰে ? নে আধৰুৱা সপোন এটা হৃদয়ত সাঁচি তেওঁলোকো উটি উটি গৈ আছে সময়ৰ স্ৰোতধাৰাত ? বুকুত কাৰোবাৰ বাজি ৰৈছে নেকি এটি ৰিঙা ৰিঙা সুৰ... ? ঠিক তাইৰ দৰে। আজিকালি বহু কথাই খুন্দিয়াই থাকে তাইৰ হিয়াৰ অভ্যন্তৰত।কেতিয়াবা গুজৰি উঠে, কেতিয়াবা উচুপি উঠে আৰু কেতিয়াবা গভীৰ প্ৰশান্তিৰে এটা কবিতা বা গল্পৰ জন্ম দিয়ে যিদৰে জীৱনৰ অব্যক্ত কথাবোৰ কোনোৱে ফুল, তৰা, গানৰ অলংকাৰ পিন্ধাই নকৈ সাজে ,তাৰ নাম দিয়ে গীত, কবিতা অথবা গল্প... অথবা আঁকি পেলাই এখন জীৱন্ত ছবি। তাই বৰ্তমান অসমৰ এগৰাকী প্ৰতিস্থিত জনপ্রিয় গল্পকাৰ। মাজে মাজে কবিতাও লিখে। তাইৰ ওচৰলৈ বহু মানুহৰ আহ যাহ। কোনোৱে গল্প কবিতা বিচাৰি আহে, কোনোৱে গল্পৰ আলোচনা কৰিবলৈ আহে।গল্পৰ আলোচনা! কথাষাৰ ভাবি প্ৰত্যাশী ভাবনাৰ সাগৰত আকৌ ডুব গ'ল। গল্প জানো আলোচনা হয় ? জীৱনটোৱেইচোন এটা গল্প। সেই গল্পৰ সফল পৰিসমাপ্তি লৈকে আমি জী থাকিব লাগে । সজাই পৰাই গঢ় দিব লাগে জীৱনৰ খাজটো। তেহে কোনোৱে ৰচিব নালাগে আধৰুৱা জীৱনৰ কবিতা।
"জীৱনটো জানো গল্প ?" এদিন অনুৰাগে তাইক সুধিছিল।
অনুৰাগ দুৱৰা। চহৰৰ নামজ্বলা এখন মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অধ্যাপক। এসময়ৰ সেই মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অধ্যাপিকা প্ৰত্যাশীয়ে তেওঁক সেই সূত্রেই লগ পাইছিল। বহু সময় পাৰ কৰিছিল তেওঁলোকে। ডিপার্টমেন্ট , কেন্টিন, নদীৰ পাৰ, চহৰৰ ফুটপাথ.. , পাৰ্ক... বহু দিন বহু ঘন্টা পাৰ কৰিলে দুয়ো। দিন মণিৰ বিদায় ক্ষণবোৰ তেওঁলোকে একেলগে উপভোগ কৰিছিল বহুবাৰ। কেতিয়াবা প্ৰত্যাশী দীঘল কিচকিচিয়া চুলিটাৰি মেলি নদীৰ পাৰত বহি পৰিছিল। তাইৰ জিলিকি থকা চকু দুটি লৈ চায় অন্তৰস্পৰ্শী দৃষ্টি নিক্ষেপ কৰিব খুজিও থমকি হৈছিল অনুৰাগ। কাৰণ, প্ৰত্যাশীয়ে সামৰি লৈছিল নিজকে ততা তৈয়াকৈ।
"যাওঁ ব'লা অনুৰাগ।"
হুম... বুলি অনুৰাগ উভতিছিল।
ভাৰাঘৰৰ চাদৰ ওপৰৰ পৰা আকাশলৈ চায় তন্ময় হৈ ৰোৱা অনুৰাগে আকাশৰ নীলাবোৰৰ মাজত কাক দেখিছিল বাৰু ? প্ৰত্যাশীক ? না প্ৰত্যাশীক দেখা নাই। দেখিব নোৱাৰে তাইক। সেই অধিকাৰ তাই অনুৰাগক নাই দিয়া। প্ৰত্যাশীক সি লগ পায় সদায়। কথা পাতে। কথা পাতিও ভাল পায়। কিবা সমস্যা হ'লে দুয়ো আলোচনা কৰি সমাধান সূত্র উলিয়াই। ভাল লগা খবৰ থাকিলে একেলগে বহি চাহ, কফি খায়। কিন্তু... এক বিৰাট ব্যৱধানত দুয়োৰে অৱস্থান। কি নাম বাৰু এই সম্পর্কৰ ?
ডাঙৰ সপোন এটা পুহি ৰাখিছে প্ৰত্যাশীয়ে। লেখিকা হিচাপে নিজকে চোৱাৰ হেঁপাহ। তাৰ বাবে কষ্ট কৰে তাই। সকলো ভাল লগা খবৰ তাইৰ বাবে গৌণ হৈ পৰে যেতিয়া তাই লেখা কাকত, আলোচনীত ওলায়। দিন-ৰাতি, ভোক-পিয়াহ পাহৰি যায় যেতিয়া তাই এটা গল্প বা কবিতা লিখিবলৈ বহে। কিন্তু অনুৰাগ তাৰ ওলোটা। প্ৰত্যাশীৰ অনুভৱে তাক সদায় ব্যস্ত ৰাখে। পাহৰি যায় তাৰ দৈনন্দিন কাম কাজো। কথাবোৰ প্ৰত্যাশীয়ে গম নাপায়। মানে অনুৰাগে গম দিয়া নাই, জানোচা তাই বেয়া পায়। তাই যদি আঁতৰি যায় ? পাৰিব জানো অনুৰাগে সেই অনুভৱবোৰ বুকুতে সামৰি থব ? কিন্তু বাস্তৱে শিকোৱা কথাবোৰ সাংঘাতিক দৃঢ়। বাস্তৱে মানুহক ক'ৰ পৰা ক'লৈ লৈ যায় আগতীয়াকৈ উমান পোৱা টান। যি যেনেকুৱা নহয় বা নাছিল তেনেকুৱা কৰি গঢ়ি তোলে বাস্তৱে। চাকৰি এৰি গুচি গৈছিল প্ৰত্যাশী। অনুৰাগক কৈছিল, "সময় হ'ল মোৰ। তোমাৰ লগত কটোৱা মধুৰ ক্ষণবোৰ সদায় মনত ৰাখিয়েই আগবাঢ়িব খোজো জীৱনৰ বাকী চোৱা পথ।" একো ক'ব পৰা নাছিল অনুৰাগে। কোৱাৰ সুযোগো যেন দিব খোজা নাছিল প্ৰত্যাশীয়ে।
যেতিয়া নিৰ্যাতনৰ কথা আহে সকলোৱে নাৰীৰ পক্ষ লয়। কিন্তু প্ৰত্যাশীয়ে ল'ব নোৱাৰে সেই পক্ষ। কাৰণ তাই মাকৰ চকুলো দেখাৰ লগে লগেই উমান পাইছিল দেউতাকৰ হুমুনিয়াহবোৰৰ। বেছিভাগ পুৰুষে বুকু ভেদি অহা কান্দোনক একোটা হুমুনিয়াহেৰে সামৰি থয়। তাইৰ দেউতাকো তেনে এজন পুৰুষ। নিজে ছোৱালী হৈ মাকৰ অনুভূতিৰ সমানুপাতে দেউতাকৰ অনুভূতিও হৃদয়ঙ্গম কৰিব পাৰে । কি পৰিস্থিতিত পৰি তেওঁলোকৰ বিচ্ছেদ হৈছিল ১৮ বছৰীয়া প্ৰত্যাশীয়ে বুজি নোপোৱাকৈ থকা নাছিল। কিন্তু আজি ৪৫বছৰ বয়সত কথাবোৰ প্ৰত্যাশীয়ে বেলেগ ধৰণেৰে বিশ্লেষণ কৰিছে মনৰ মাজতে। আচলতে কি বিচাৰি মানুহৰ জীৱন যাত্রা তাই আজিও অজ্ঞ। তেতিয়া প্ৰত্যাশী ৫ বছৰীয়া ছোৱালী। মাক-দেউতাকৰ নয়নৰ মণি । তাইক লৈ তেওঁলোকে অ'ত ত'ত ফুৰিয়ে ফুৰে। সেইবাৰ তাইক লৈ তেওঁলোক শ্বিলং অভিমুখে গৈ আছিল। হঠাৎ মাকৰ ম'বাইলটো বাজি উঠিল। সুব্রত নামটো জিলিকি উঠিল। দেউতাকৰ দৃষ্টি পৰিল।
কোন হয় বাসৱী ?
মোৰ বন্ধু।
ৰিচিভ কৰা।
পিছত পাতিম। এতিয়া মন যোৱা নাই।
দেউতাকে নীৰৱে আগলৈ চালে।
গৈ থাকিল শ্বিলং অভিমুখী একা বেকা বাটেৰে। প্রথম বাৰৰ বাবে শ্বিলংলৈ অহা প্ৰত্যাশী আনন্দত মতলীয়া।খুব উপভোগ কৰিলে সেইকেইটা দিন। কিন্তু তাৰ মাজতো তাইৰ মাক-দেউতাকৰ মাজে মাজে তৰ্ক হৈছিল। ঘৰলৈ ঘুৰি আহিল চাৰিদিন পিছত। যাওঁতে দেউতাকে কৈছিল এসপ্তাহ থাকিম বুলি। কিন্তু চাৰিদিনহে থাকিল। ওভতাৰ পৰত প্ৰত্যাশীৰ বৰ বেয়া লাগিছিল। কিন্তু মাকে চকু ঘোপা কৰাত নীৰৱ হৈ ৰৈছিল। ঘৰ পায় তাই আচৰিত হৈছিল। মাক দেউতাকৰ দুৰ্বাদল কাজিয়া হৈছিল। কিয় হৈছিল তাই বুজা নাছিল। সময়বোৰ আগৰ দৰে হৈ থকা নাছিল।মাক দেউতাকৰ মাজে মাজে কাজিয়া হৈছিল। কাজিয়াৰ পিছত মাকে কান্দিছিল।দেউতাকে চাঁদৰ ওপৰত চিগাৰেট এটা জ্বলাই হুমুনিয়াহ কাঢ়িছিল। প্ৰায়বোৰ ৰাতি সেই দৰেই পাৰ হৈছিল। প্ৰত্যাশীয়েও নিৰ্বাক হৈ শুই পৰিছিল য'তে ত'তে। ঘৰৰ সহায়কাৰী নীতাই তাইক নি বিছনাত শুৱাইছিল। পুৱা সাৰ পায় নীতাকহে পাইছিল। মাক দেউতাকৰ ৰুম বেলেগ হৈছিল। তাইকো অকলে এটা ৰুমত শুবলৈ দিছিল। নীতাই শুৱাইছিল, পুৱা জগাইছিল। মাক আৰু দেউতাক একলগ নহয়েই। হ'লেই কাজিয়াহে হৈছিল।
তেতিয়া তাই কলেজৰ শেষৰ বৰ্ষৰ ছাত্রী। হোষ্টেলত। পৰীক্ষালৈ তিনিমাহ বাকী। মাকে ঘৰলৈ মাতিলে এদিনৰ বাবে। যাবলৈ মন নাছিল। ঘৰখনতকৈ হোষ্টেলত থাকিয়েই তাইৰ ভাল লগা হৈ গৈছিল। সেয়ে ক'লে পৰীক্ষা দি যাম। মাকে ক'লে বৰ জৰুৰী আহি যোৱা। সন্ধ্যা দেউতাকেও ফোন কৰিলে। তাইক মাতিছে। তাই যোৱাৰ সিদ্ধান্ত ল'লে।
পিছদিনা তাই ঘৰলৈ যাত্রা।যাওঁতে বাটত তাইৰ মাজে মাজে ভয় লাগিছিল কি বা হৈছে ? আকৌ ভাবিলে জীৱনটো চোন অশান্ত জৰ্জৰ তাইৰ। এতিয়ানো কি নতুন চিন্তনীয় কিবা হ'ব। অৱশেষত ঘৰ পালেগৈ। কথাবোৰ স্পষ্ট হ'ল। মাক দেউতাকৰ ডিভোৰ্চ কথা ওলাইছে। যিটো কাম বহু বছৰৰ আগতে কৰিব লাগিছিল সেইটো কথাৰ বাবে তাইক মাতি পঠোৱাৰ বাবে প্ৰত্যাশীৰ হাঁহি উঠিছিল। তোমালোকৰ সিদ্ধান্তত মই কি ক'ম। দেউতাকৰ কলেজীয়া জীৱনৰ অসফল প্ৰেম কাহিনীক টানি আনি মাকে কাজিয়া কৰে। কটু কথা শুনায়। আনহাতে কলেজৰ বন্ধু সুব্রত ধৰৰ লগত বিয়াৰ পিছতো প্ৰেমত মতলীয়া মাকক ওলোটাই কথা শুনায় দেউতাকে। মাকৰ মতে দেউতাকেও একে কামেই কৰি আছে।
চিঃ বুলি প্ৰচণ্ড ঘৃণাত দুয়োকে হৃদয়ৰ পৰা ত্যাগ কৰিছিল প্ৰত্যাশীয়ে দশম শ্রেণীত পঢ়ি থাকোতেই। তাৰ পিছত যন্ত্রৰ দৰে হৈ পৰিছিল তাই। মৰম, আকুলতা, সন্মান, খং, আনন্দ সকলো তাই নিজৰ লগতেই কৰিছিল। বন্ধু-বান্ধৱীৰ সংখ্যাও কম। যি সকল আছে তেওঁলোকৰ লগতো এইবোৰ কথা নাপাতে।
তোমালোকৰ সিদ্ধান্তত মোৰ কোনো ক'বলগা নাই বুলি নিৰুদ্দেগৰে কৈ পিছদিনা হোষ্টেললৈ ঘূৰি গৈছিল।
যথা সময়ত তাই কলেজৰ চাকৰিটো পালে। অনুৰাগক লগ পালে। সমাজত প্ৰতিষ্ঠা লাভ কৰিলে। কিন্তু বিবাহৰ উপযুক্ত হৈ তাই বিয়া হ'ব নুখুজিলে। অনুৰাগক ইমান আপোন হিচাপে পাইছিল তাই। অনুৰাগৰো প্ৰেম জাগিছিল তাই জানে কিন্তু নোৱাৰিলে। বিবাহিত মানুহৰ ঘৰৰ পৰিবেশতো তাই বৰ বেয়াকৈ দেখিলে। তাইৰ মতে তাই মানসিক ভাৱে পঙ্গু হৈ গ'লহেঁতেন, যদিহে ঈশ্বৰপ্ৰদত্ত শক্তিশালী মন এটা নাথাকিলহেঁতেন। তাই আঁতৰি আহিল চাকৰিটো এৰি, অনুৰাগক এৰি। আকৌ এবাৰ ভাবিবলৈ মন নাই যোৱা উভতি যোৱাৰ কথা। কিন্তু অনুৰাগ ৰৈ আছে হেনো আজিও। তাইৰ বাবে।
লোকে লোকাৰণ্য হৈছে খেলপথাৰখন। সভাখন যথেষ্ঠ জাক জমকতাৰে আয়োজন কৰিছে উদ্যোক্তা সকলে। ইয়াত দহজন সাহিত্যৰ লগত জড়িত ব্যক্তিক সন্মান জনাব। গল্পৰ জগতলৈ বৰঙণি যোগোৱাৰ বাবে প্ৰত্যাশী বৰুৱালৈ দশকৰ শ্ৰেষ্ঠ গল্পকাৰ বঁটা। পাতল গুলপীয়া ৰঙৰ চাদৰ মেখেলাযোৰ পিন্ধি তাই বহি আছে সভাত। দূৰৈত দৰ্শকৰ আসনত অনুৰাগ দুৱৰা।বহুদূৰ আগবাঢ়ি গ'ল প্ৰত্যাশী। অনুৰাগে ঢুকি নোপোৱা দূৰত্ব সেইয়া। অনুৰাগ এতিয়া আন হাজাৰজনৰ দৰে গল্পকাৰ প্ৰত্যাশী বৰুৱাৰ অনুৰাগীহে। চাই হেঁপাহ পলোৱা নাই তাইক। ৫০ বছৰীয়া ব্যক্তি এতিয়া অনুৰাগ। অবিবাহিত। কাৰ বাবে বাট চাই আছিল কোনেও নাজানে। প্ৰত্যাশীও ৪৫ বছৰীয়া নাৰী। তাইৰ বাবে কোনেও এতিয়া বাট চাই থকাতো নিবিচাৰে। অন্ততঃ বিয়াৰ বাবে। হঠাৎ চকুত চকু পৰিল দুয়োৰে । দূৰৈৰ পৰা মূৰ দুপিয়ালে দুয়ো। এবাৰ ওচৰৰ পৰা পোৱাৰ, এষাৰ মাত মতামত হেঁপাহ এটা জাগিছিল নে নাই কোনেও নাজানিলে। নিজ নিজ কৰ্মক্ষেত্ৰৰ স্বনামধন্য ব্যক্তিত্ব দুয়োৰে। গতিকে...। সভা ভংগ হ'ল। নিজ বাটেৰে বাট বুলিলে দুয়ো। উভতিব নোৱাৰা বাটেৰে গৈ থাকিব সময়ৰ লাগে লগে।
ঠিকনাঃ
যোৰহাট
মঃ ৯৪৩৫৪৩৭২৮৬
অঙ্গন: পৃষ্ঠাঃ 36
প্ৰাপ্তি অপ্ৰাপ্তিৰ মিশ্ৰিত ৰ'দালী
মাধুৰীমা ডেকা
ঃ জীউ পৰীক্ষা শেষ হ'ল তোমাৰ এতিয়া। কেইমাহমান আজৰি সময় পাইছা অবাবত সময়বোৰ অপব্যয় নকৰিবা।কিবা এটা লিখা চোন বহুত দিন ধৰি তুমি একো লিখাই নাই।
ঃলিখিম দেতা। কিন্তু লিখিবলৈ একো প্লটেই বিচাৰি পোৱা নাই আৰু পৰীক্ষা দি উঠি মগজুটো একেবাৰে ড্ৰেইনদ আউট হৈ গৈছে। দুদিনমান পিছত নিশ্চয় লিখিম। লেপ্টপত ফেভৰেট মুভি এখ্ন চাই থকা জিয়াই হাঁহি হাঁহি দেউতাকক ক'লে।
ঃঠিক আছে তুমি যি ভাল দেখা ক'ৰা। কিন্তু মোৰ কথাটো মনত ৰাখিবা।
ঃঅকে, দেউতা।
জীউ মানে জীয়াৰ জীৱনতনো কোন আছে ? বায়েক আৰু দেউতাকেই তাইৰ আকাশ আৰু পৃথিৱী। মা শব্দটো, মাৰ অনুভৱ, মাৰ মমতা তাইৰ বাবে চিৰদিনৰ বাবে অচিনাকি। জন্মদাত্ৰী মাতৃৰ পৰা পালে মনোকষ্ট বিষাদ আৰু জীৱনজোৰা এক আধৰুৱা অনুভৱ। মাক কেনেকুৱা হয় তাই জানে, তাই দেখিছে।
তাইৰ সমনীয়াবোৰৰ মাকৰ মাজত। মাক কেৱল জানো মাক থাকে ?
মাকতো বাঘিনী মাক হয়।
নিৰাপত্তাৰ স্নেহদুৰ্গ হয়।
প্ৰতিটোপাল চকুপানীৰ মূল্য দিয়া এক উমাল আবেষ্টনী হয়।
যাক এবাৰ আঁকোৱালি ল'লেই সকলো ভয় সকলো শংকা আঁতৰি যায়।
তাই সাৱটি ধৰিছিল নিজৰ মাকক বহুত বাৰ। কিন্তু এটা শীতল অদ্ভুত স্পৰ্শৰ বাহিৰে একো নাপালে।
সেয়েহে তাই সৰুৰে পৰা ক্লাছ ৬ৰ পৰা তাইৰ আটাইতকৈ প্ৰিয় লেখিকাগৰাকীকে নিজৰ মা বুলি ভাবি আহিছে। তেওঁ সেই কথা নাজানে তেওঁক তাই কোনোদিনে স্বচক্ষে দেখাও নাই । তেওঁ লিখা কিতাপকে ৰাতি তাইৰ গাৰুৰ কাষত থৈ এখন হাত তাৰ ওপৰত থৈ শুই থাকে।
তাই সুখী, সঁচাকৈয়ে সুখী। দেউতাক আৰু বায়েকৰ লগত। মাক দেউতাকৰ ডাইভোৰ্চৰ পিছত গোটেইকেইজন বেলেগ এখন চহৰলৈ শ্বিফট হৈ আহিল। জন্মদিনকেইটাত তিনিওজন ওলাই যায়। বাহিৰত ডিনাৰ কৰে চিনেমা চাই শ্বপিং মলত দেউতাকে সিহঁতৰ মন পচন্দৰ কাপোৰ কিনি দিয়ে। উৎসৱৰ সময়ত নিজ ইচ্ছাত ঘৰ সজায়। দুয়োজনীয়ে মিলি এসাঁজ ভালদৰে বনায় ।দেউতাকে বজাৰ কৰি আনে বিধে বিধে সিহঁতৰ পচন্দৰ বস্তুবোৰ।
এতিয়া লাহেকৈ বায়েক পখীৰ বিয়াৰ কথা বতৰা চলিছে আৰু জীয়াৰ হ'ব লগীয়া ভিনদেউজন যে ইমান বেছি ভাল ভিনিয়েকৰ নামত তাই যেন এজন ককায়েকহে পাইছে। বায়েকো সুখী। তাইক ভিনিয়েকে জীউ বুলি নামাতে নহয় ভণ্টী বুলিহে মাতে। ভোগালী বিহুৰ সময়ত তাইৰ গা খুব বেয়া কৰিছিল।ভিডিঅ’ কলত ইফালে তাইৰ ককায়েকে কান্দিছিল।
বুজি পাইছিল জীয়াই ভগৱানে যদি এফালে তোমাক পূৰ্ণতা প্ৰাপ্তি নিদিয়ে আনফালে ন-পুৰণি বহুত সম্বন্ধৰে তোমাৰ দুহাত উপচাই পেলায়।
জীয়াৰ জীৱনৰ সঁফুৰাতো এতিয়া ন ন জ্যোতিৰ উজ্জ্বল পোহৰৰ কণাৰে উপচি পৰিছে। বায়েকৰ নতুন ঘৰত যে কেৱল তাইৰ বাবেই ভিনিয়েকে এটা ৰুম ৰেডী কৰি ৰাখিছে।
ঃবা। বিচনাত শুই শুই ইউ টিউব চাই থকা বায়েকৰ কাষ চাপি জীয়াই লেনিয়াই মাতিলে। বায়েকে তাইক বুকুৰ মাজত সাৱটি ধৰিলে।
ঃকি মোৰ ধুনুজনী ?
ঃতুমি বিয়া হৈ গুচি যোৱাৰ পিছত আই ৱিল মিছ ইউ লাইক হেল। কি যে হ'ব মোৰ ভাবিলেই ভয় লাগে। মোক কোনে ৰাতি শুৱাই দিব ?চুলিত তেল ঘঁহি দিব। বাহিৰলৈ ওলাই যাওঁতে কাপোৰ চিলেক্টছ্যন কৰি দিব। পৰীক্ষাৰ সময়ত কোনে উজাগৰে কাষত বহি থাকিব।
ঃসৱ ঠিক হৈ যাব।স্বয়ংসম্পূৰ্ণ হ'বলৈ শিকা। আৰু মই সদায় দিনটোত মিনিমাম তিনিবাৰ তোমাক ভিদিঅ' কল কৰিম দেই। খুব বেছি মনত পৰিলে তুমি আমাৰ ঘৰলৈ গুচি আহিবা। আৰু তোমাৰ বাবে দেখোন এটা ৰুম ৰেডীয়েই কৰি থোৱা আছে।
ঃঅ' বা মই দেতাক এৰি অকলে যাব নোৱাৰো। তেওঁ নিজৰ কেয়াৰ ল'ব নাজানে। আলাই এথানি হ'ব তেখেতৰ।
ঃহমম, সেইটো কথা হয়। বহুত কৰিছে তেওঁ আমাৰ বাবে। আজি যি পৰিচয় পাইছোঁ যি অৱস্থানত আছো যিখিন জীৱনত এচিভ কৰিব পাৰিছোঁ একমাত্ৰ আমাৰ দেউতাৰ বাবে। তেওঁ এজন নীৰৱ সাধক। তেওঁৰ অৰিহণাৰ ফলতেই আজি আমাৰ ভৰিৰ তলত মাটি আছে। স্বাৱলম্বী হ'ব পাৰিছোঁ। দেউতাকো লৈ আহিবা আৰু আমিওতো অহা যোৱা কৰি থাকিম।
ঃতুমি মনতো নামাৰিবা দেই জীউ মই থাকোতে তুমি একো অভাৱ অনুভৱ নকৰিবা। আমি কেৱল বায়েক ভ্নীয়েক নহয়। মই তোমাক জন্মৰ পৰাই বেবীৰ দৰে মৰম কৰি আহিছো। মই তোমাৰ বাও হয় মাও হয়।
ঃঅ, বা তুমি মোৰ জীৱনৰ পাৰিজাত ফুলপাহ। এনেকুৱা বায়েক আৰু দেউতাক বহুত ভাগ্যৰ বলত পোৱা যায়।
তোমালোক মোৰ শক্তি
মোৰ প্ৰেৰণাৰ উৎস
মোৰ সাহস
মোক আত্মবিশ্বাসী কৰি তোলা তোমালোকে।
প্ৰাপ্তি অপ্ৰাপ্তিৰ তালিকাখ্ন হিচাপ নিকাচৰ তালিকাখ্ন কৰি থাকোতেই সময়বোৰ হাতৰ মুঠিৰ ফাঁকেদি সৰকি পৰিব। মোৰ সঁফুৰাতো ভালপোৱা আৰু বিশ্বাসৰ পোহৰকণাৰে আকৌ এবাৰ ভৰি পৰিল।
ঃমোৰ লগততো তোমালোকৰ তেজৰ সম্পৰ্ক নাই। তোমালোকে মোক এডপ্ট নকৰাহেঁতেন আজিৰ জীয়াৰ জানো অস্তিত্ব থাকিলহেঁতেন ? তথাপিও দেতা আৰু তুমি মোক মৰম দিয়াত কোনোদিনে কোনোধৰণৰ তফাৎ ৰখা নাই। কৃতজ্ঞতাত শিৰণত হৈ পৰে মোৰ বা তোমালোকৰ প্ৰতি।
ঃতুমি জানা জীউ !
ঃইমান ডাঙৰ সত্যতো কেনেকৈ লুকাই থাকিব পাৰে বা। মই বহুত আগৰ পৰাই জানো মায়ে কৈছিল মোক। হয়তো ভাবিছিল মই মানসিকভাৱে ভাঙি পৰিম।
কিন্তু মই আগতকৈ বেছি নিজকে শক্তিশালী আৰু আত্মবিশ্বাসীহে হয় পৰিছিলো। শ্বক পাইছিলো কিন্তু নিজৰ ওচৰত প্ৰ্তিজ্ঞা কৰিছিলো মোক এডপ্ট কৰাৰ বাবে কোনোদিন যাতে তোমালোকে অনুশোচনা কৰিবলগীয়া নহয়। মোক লৈ যাতে তোমালোকে সদায় প্ৰাউদ ফিল কৰিব পাৰা আৰু মোক যিমান মৰম তোমালোকে দিছা তাৰ দুগুণ বেছি মৰম কৃতজ্ঞতাৰ সৈতে তোমালোকক উভতাই দিম।
মোৰ সফুঁৰাতো সদায় ভৰি আছিল বা আৰু ভৰি থাকিব তোমালোকক তাৰ পৰা সংপৃক্ত কৰিব নোৱাৰো।জোনাকী পৰুৱাৰ ধিমিক ধামাক পোহৰৰ সৈতে আকাশৰ ফৰিংফুটা জোনাকৰ সৈতে আৰু তোমালোকৰ মৰমসনা দুচকুৰ নিস্বাৰ্থ কালিমাহীন মৰমৰ সৈতে।
অঙ্গন: পৃষ্ঠা 37
শেষ পৃষ্ঠাৰ লেখাঃ
স্খলিত চৰিত্ৰই সমাজ বিশৃঙ্খল কৰিছে
চৰিত্ৰ, জীৱনৰ অতিকৈ মূল্যবান সম্পদ বিধেই হ'ল চৰিত্ৰ। সাধাৰণতে চৰিত্ৰই মানুহৰ ব্যক্তিগত চাল-চলনক প্ৰতিনিধিত্ব কৰে। ব্যক্তিজন বা মহিলাগৰাকীৰ আচাৰ-আচৰণ, বাক্য-বচন, বিবেক-বুদ্ধি, সাজ-পোচাক এই সকলোবোৰ সামৰি সমাজে মানুহৰ চৰিত্ৰ জোখে। মানুহৰ এই চৰিত্ৰ প্ৰথমে গঢ় লয় তেওঁৰ পিতৃ -মাতৃ তথা ঘৰখনৰ পৰাই। পিছলৈ ক্ৰমবৰ্ধমান ভাৱে ই চৌপাশৰ পৰিবেশ আৰু পিছলৈ তেখেতৰ সংগৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে সাম্প্ৰতিক সময়ত এই কেইটা কাৰকৰ উপৰিও মানুহৰ চৰিত্ৰ স্খলনত প্ৰধান ভূমিকা লৈছে সামাজিক মাধ্যমে। মই চিধাকৈ স্খলনত কথা এই বাবেই ক'লো যে সামাজিক মাধ্যমৰ বিভিন্ন কাৰক What's app, Facebook, Instagram আদিত শিশুৰ চৰিত্ৰ গঠনৰ উপাদান নাই বুলিয়ে ক'ব পাৰি। কিন্তু ইয়াত দেখিবলৈ পোৱা বিভিন্ন ভিডিঅ', ৰীল, YouTube আদিয়ে শিশু বা কৈশোৰ সকলকে ধৰি বহু জ্যেষ্ঠ লোকলৈকে চৰিত্ৰ স্খলনত প্ৰায় ৯০% ই অৰিহণা যোগাইছে। গতিকে অসৎ সঙ্গ বা অনৈতিক পৰিবেশৰ উপৰিও বৰ্তমান সামাজিক মাধ্যমে মানুহৰ চৰিত্ৰ স্খলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অৱশ্যে এটা কথা ইয়াতে কৈ থব লাগিব যে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে মানুহৰ চৰিত্ৰ। সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত এটা কথা মন কৰিব যে যিটো বস্তু আপুনি সঘন চাই বা চাৰ্চ কৰে আপোনাৰ মোবাইলত Facebook বা YouTube অ'ন কৰাৰ লগে লগে স্কীনত সেই ভিডিঅ' বোৰেই প্ৰত্যক্ষ হয়। গতিকে ই আপোনাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি আপোনাৰ চৰিত্ৰত কেনেকুৱা প্ৰভাৱ পেলাইছে। সি যি হওক বহু লোকে টকাৰ কাৰণেই হওক বা মনোৰঞ্জনৰ বাবেই হওক সামাজিক মাধ্যমৰ প্ৰতিবন্ধক বিষয় বস্তুৰ প্ৰতি আকৃষ্ট হৈ পৰ্য্যায় ক্ৰমে তেওঁৰ আত্ম চৰিত্ৰ স্খলিত কৰে।
আমি সততে দেখিবলৈ পোৱা বা শুনিবলে পোৱা সামাজিক মাধ্যমৰ এটা সুলভ বাতৰি হ'ল "পৰকীয়া প্ৰেম" আৰু ইয়াক কেন্দ্ৰ কৰি সংঘটিত হোৱা অনৈতিক কাৰ্যকলাপ। স্বামী হত্যা, পত্নী হত্যাৰ পৰা আৰম্ভ কৰি বহু পৰিকল্পিত হত্যাৰ মূল কাৰণ চৰিত্ৰ স্খলন। ইয়াৰ অনেক উদাহৰণৰ পৰা আমি বন্দনা কলিতা, মুস্কান, সোমন ৰঘূবংশীহঁতৰ কৰ্মকাণ্ডৰ কথা উল্লেখ কৰিব পাৰোঁ। যি সমূহ স্খলিত চৰিত্ৰই এটা পবিত্ৰ সম্বন্ধক কলংকৃত কৰাই নহয় স্বামী স্ত্ৰীৰ মাজৰ বিশ্বাসত কালিমা সানিছে।
এই স্খলিত চৰিত্ৰৰ কথা ক'বলৈ গ'লে আমাৰ মনলৈ আহে কিছু নৰ-পিশাচৰ বিবেকহীন কৰ্ম কাণ্ড। এই নৰ-পিশাচৰবোৰৰ হাতত বহু সময়ত লজ্জিত হৈছে ভাৰতীয় বিচাৰ-বুদ্ধি আৰু সংস্কৃতি। তেওঁলোকৰ কামনাৰ বলি হোৱা বহু শিশু, নাবালিক তথা বৃদ্ধ মহিলাৰ হৃদয়বিদাৰক ঘটনাই মৰ্মাহত কৰে। কেৱল এইয়ে নে দিল্লীৰ নিৰ্ভয়া কণ্ডৰ দৰে অমানৱীয় কাণ্ড প্ৰত্যক্ষ ছবি নহয় জানো স্খলিত চৰিত্ৰৰ। মানুহ কিমান তললৈ নামিলে এনে কাণ্ড সংঘটিত কৰিব পাৰে ? চৰিত্ৰৰ কিমান স্খলন ঘটিলে শিশু আৰু বৃদ্ধা কামনাৰ বলি হয় ? ইমানেই নে মানুহৰ স্খলিত চৰিত্ৰৰ কুফল চোন কুকুৰৰ দৰে নিৰিহ প্ৰাণীয়ে ও ভোগীছে।ইয়াৰ উপৰিও নম্ৰতা, ৰশ্মিতা, শিৱানীৰ দৰে যুৱতীৰ হত্যাকাণ্ডৰ ৰহস্য, ইয়ো জানো স্খলিত চৰিত্ৰৰ উদাৰণ নহয় ? মানুহৰ চৰিত্ৰ অৱনতিত উপাদান যোগান ধৰা অন্য এটা কাৰক হ'ল অতি উচ্চাকাংক্ষা। যাৰ ফলত সামাজিক মাধ্যমত অশ্লীল ভিডিঅ', ৰীল বনাবলৈও বহু নাৰীয়ে কুণ্ঠাবোধ নকৰে। মান-সন্মান একাষৰীয়াকৈ থৈ অৰ্ধউলংগ ভাৱে ঘৰৰ পৰা সকলোৰে সমুখত অশ্লীল কৰ্মকাণ্ডৰে ভিডিঅ' বনাই। ফলত নৈতিকতাৰ স্খলনে সমাজত বিশৃঙ্খল সৃষ্টি কৰে।
মৃত্যু যেন এতিয়া তেনেই সহজ। অপকৰ্মৰ বাবে বা অপকৰ্মত হেঙাৰ হোৱা পুৰুষ-মহিলা, শহুৰ-শাহুৰ আনকি পুত্ৰ-কন্যাকো নিচিনি এই চাম স্খলিত চৰিত্ৰৰ লোকে অতি নিৰ্দয়ী হৈ নৃশংস ভাবে হত্যা কৰে। ফলস্বৰূপে সমাজৰ নীতি-নিয়ম, ৰীতি-নীতি, বিশ্বাসৰ অৱনতিত সমাজ ব্যৱস্থা বিশৃঙ্খল হৈ পৰে। মানুহৰ চৰিত্ৰ স্খলনত (বিশেষকৈ ভাৰতীয় লোকৰ) অৰিহণা যোগাইছে বিগত বছৰবোৰত আইনী প্ৰক্ৰিয়াই গ্ৰহণ কৰা কিছুমান সিদ্ধান্তই। তাৰ ভিতৰত পৰ-স্ত্ৰীৰ সৈতে পৰ-পুৰুষৰ সহবাসত সহমত প্ৰধান। যিবোৰ আমাৰ ভাৰতীয় সংস্কৃতি নহয়। ফলত ভাৰতীয় লোকৰ স্বাভৱ অনুসৰি গ্ৰহণৰ বাহিৰৰ এই নিয়মে অনৈতিক কাৰ্যকলাপ সংঘটিত কৰিছে। গতিকে আমি জীৱ শ্ৰেষ্ঠ হিচাপে নৈতিক-অনৈতিক বিচাৰ কৰি, ভুল-শুদ্ধৰ সঠিক নিৰ্ণয়েৰে সম্বন্ধৰ মৰ্য্যদা প্ৰদান আৰু পৰস্পৰৰ বিশ্বাস অটুত ৰাখি নিজৰ লগতে ভাবিপ্ৰজন্মৰ উন্নয়ন তথা সমাজৰ উন্নতিৰ বাবে মানৱ সমাজক লজ্জিত কৰা অপকৰ্মৰ পৰা নিজকৰ লগতে সন্তানকো আঁতৰাই ৰাখি সমাজ হিতৰ বাবে অৰিহণা যোগাওঁ আহক।
✍মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
(6000709096)
অঙ্গন: পৃষ্ঠাঃ 38

0 Comments