অঙ্গন ষষ্ঠ বৰ্ষৰ সপ্তম সংখ্যা





১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
9678696861/6000709096/9127564124

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 জুন 2025.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 5
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 7
👉প্ৰবন্ধ : পৃষ্ঠা-- 8-13
👉ধাৰাবাহিক: পৃষ্ঠা--14
👉অণুগল্প: পৃষ্ঠা: 15-19
👉অনুবাদ সাহিত্য : পৃষ্ঠা--20
👉কবিতা: পৃষ্ঠা--21-38
👉গল্প: পৃষ্ঠা--39-40
👉শেষ পৃষ্ঠাৰ  প্ৰৱন্ধ : পৃষ্ঠা-- 41

অঙ্গন: পৃষ্ঠাঃ 6
অঙ্গন
(মাহেকীয়া ই আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ

বেটুপাতৰ শিল্পীঃ
ময়ূৰী বৰা, দেৰগাঁও

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

অঙ্গন: পৃষ্ঠাঃ 7
সম্পাদকীয়ঃ
অসমীয়া মানুহে কিতাপ নপঢ়ে !

সাধাৰণতে অসমৰ চৌদিশে সতেত বৰ্তমান শুনিবলৈ পোৱা এই বাক্যশাৰী কিমান যুক্তিসংগত? যুক্তিসংগত নে বুলি এই বাবেই প্ৰশ্ন কৰা হৈছে যে এই বাক্যশাৰীৰ আঁৰত মানুহে অন্যান্য বহুতো বিষয় টানি আনিবলৈ লৈছে৷ এইদৰেও মানুহে ক’বলৈ কুণ্ঠাবোধ নকৰে যে আমাৰ হাতত থকা ম’বাইল ফোনটোৰ বাবেই এনে এক পৰিৱেশৰ সূচনা হৈছে যি ভৱিষ্যৎ প্ৰজন্মক সংকটৰ গৰাহলৈ লৈ গৈছে৷ এনেদৰে মানুহে ইয়াৰ বাবে সামাজিক মাধ্যমকো দায়ী বুলি ক’বলৈ আৰম্ভ কৰিছে৷ পিছে কথাবোৰ কিমান যুক্তি অলপ গভীৰভাৱে ফহিয়াই চাওঁ আহক৷
অলপতে হৈ যোৱা অসম গ্ৰন্থমেলাৰ তথ্য অনুসৰি এই গ্ৰন্থমেলাৰ ১২ টা দিনত জ্জ কোটিৰো অধিক মূল্যৰ কিতাপ বিক্ৰী হৈছে৷ আমি আমাৰ অভিজ্ঞতাৰ পৰা ক’ব পাৰো যে এই গ্ৰন্থমেলাত এটা দিনতে কিছুমান বিপনীত ডেৰ-দুই লাখ টকাৰ কিতাপ বিক্ৰী হৈছে৷ গ্ৰন্থমেলাৰ সময়ছোৱাত কিছুমান প্ৰকাশকে প্ৰয়োজন অনুসৰি গ্ৰন্থৰ যোগান ধৰিব নোৱাৰা হৈ পৰিছে৷ কেইখনমান গ্ৰন্থ পুৱাই যদি ৫০০ কপী গ্ৰন্থমেলালৈ আহে, ৰাতিলৈ সেই গ্ৰন্থৰ এটা কপীও বিপনীসমূহত নাথাকে৷ তেনেহ’লে ইমানবোৰ গ্ৰন্থ মানুহবোৰে কিয় লৈ গৈছে যদি আজিকালি অসমীয়া মানুহে কিতাপ পঢ়িবলৈ বাদেই দিছে/ কেৱল অসম গ্ৰন্থমেলাই নহয়, অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা এনে গ্ৰন্থমেলাসমূহত বহু কিতাপে পাঠকৰ সমাদৰ বুটলি আহিছে, মানুহেও কিতাপ কিনি পঢ়িছে৷ তেনে সময়ত এচাম মানুহৰ মুখত কিয় শুনিবলৈ পোৱা যায় যে অসমীয়া মানুহে কিতাপ নপঢ়ে? কথাষাৰ বাৰু এনেকুৱা নেকি যে যাৰ মুখত এইষাৰ কথা সততে শুনা যায় তেৱেঁই প্ৰকৃততে কিতাপ নপঢ়ে৷ বিষয়টি বিবেচনাৰ বাবে বিজ্ঞ সমাজৰ হাতত এৰিলোঁ৷
আমি গভীৰভাৱে বিশ্বাস কৰোঁ যে যাৰ কিতাপ পঢ়াৰ অভ্যাস আছে তেওঁ নিয়মীয়াকৈ কিতাপ পঢ়িবই৷ যিদৰে আমাৰ শৰীৰটো ভালে থাকিবলৈ আমি অভ্যাসগতভাৱে নিৰ্দিষ্ট সময়ত খোৱা-বোৱা, শোৱা আদি কামবোৰ কৰোঁ, একেদৰে আমাৰ চিন্তাৰ জগতখনক সুন্দৰকৈ ৰাখিবলৈ আমি নিয়মীয়াকৈ কিতাপ পঢ়িবই লাগিব৷ আশা ৰাখিছোঁ, আমি সকলোৱে এই কথাখিনি গভীৰভাবে উপলব্ধি কৰি ভৱিষ্যতে এনে মন্তব্য কৰাৰ পৰা আঁতৰি থাকি ধনাত্মক দৃষ্টিভংগীৰে সমাজখন আগুৱাই যোৱাত সহযোগিতা আগবঢ়াম৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 8
প্ৰৱন্ধঃ
ৰাষ্ট্ৰীয় পতাকাক সন্মান প্ৰদৰ্শন

✍ৰেখামণি চাৰিঙীয়া

আমাৰ তিনি বৰণীয়া ৰাষ্ট্ৰীয় পতাকাখনৰ ওপৰৰ গেৰুৱা ৰংটো হৈছে-ত্যাগৰ প্ৰতীক। মাজৰ বগা ৰংটো সত্যৰ প্ৰতীক আৰু তলৰ সেউজীয়া ৰংটো হৈছে-বৃদ্ধিৰ প্ৰতীক। ১৯৪৭চনৰ ২২ জুলাই তাৰিখে আমাৰ এই ৰাষ্ট্ৰীয় পতাকাখনৰ নক্সাখন সংসদত গ্ৰহণ কৰা হয় আৰু তেতিয়াৰে পৰা এই তিনি বৰণীয়া পতাকাখনক আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰা হয়। পতাকাখনৰ মাজৰ বগা অংশটোত থকা নীল বৰণৰ চক্ৰটোত ২৪ ডাল দণ্ড আছে আৰু এই চক্ৰটো সাৰনাথৰ অশোক স্তম্ভত থকা ধৰ্মচক্ৰটোৰ পৰা তুলি দিয়া হৈছে। পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত ২:৩ আৰু আকৃতি সমকোণী চৰ্তুভূজাকৃতি হোৱা উচিত।

         ৰাষ্ট্ৰীয় পতাকাখন হৈছে এখন স্বাধীন ৰাষ্ট্ৰৰ প্ৰতীক।ভাৰতীয় সংবিধানৰ ৫১(ক) অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ বাবে কিছুমান মৌলিক কৰ্তব্য উল্লেখ কৰিছে। এই মৌলিক কৰ্তব্যবোৰৰ ভিতৰত এটি প্ৰধান মৌলিক কৰ্তব্য হৈছে-আমি আমাৰ ৰাষ্ট্ৰীয় পতাকাখনক সন্মান প্ৰদৰ্শন কৰা উচিত। কিন্তু কেতিয়াবা জানি শুনি বা অসাৱধানৱশত কিছুমানে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনক অসন্মান কৰা দেখা যায়। আনহাতে, বৰ্তমান ভাৰতীয় যুৱসমাজৰ হৃদয়স্পন্দন টেনিছ তাৰকা ছানিয়া মিৰ্জাক এখন খেল উপভোগ কৰি থাকোঁতে আমাৰ ৰাষ্ট্ৰীয় পতাকা এখনক ভৰিৰে স্পৰ্শ কৰাৰ দৃশ্য প্ৰচাৰ মাধ্যমে প্ৰকাশ কৰিছিল।একেদৰে, আন এখন খেল উপভোগ কৰি থকা মুহূত্বত কেইজনমান বিদেশী দৰ্শকক দেখা গৈছিল। ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখনক টেবুলত পৰা কাপোৰ হিচাপে ব্যৱহাৰ কৰি তাৰ ওপৰত মদৰ গ্লাছ থৈছিল। ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰা এনে বহু ঘটনা আছে আৰু ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় পতাকা তথা ৰাষ্ট্ৰীয় মৰ্যাদাক অসন্মান প্ৰদৰ্শন লোকক শাস্তি বিহাৰ উদ্দেশ্যে গণতন্ত্ৰৰ ২২তম বৰ্ষত এখন আইন প্ৰৱৰ্তন কৰে।Prevention of Insult to National Honours Act.১৯৭১।
          এই আইনৰ দুই নং ধাৰা মতে, যদি কোনো ব্যক্তিয়ে কোনো ৰাজহুৱা স্থানত বা ৰাইজৰ দৃষ্টি পৰিব পৰা কোনো স্থানত আমাৰ ৰাষ্ট্ৰীয় পতাকাখনক জ্বলাই দিয়ে, কাটে, বিকৃতি কৰে, কলুষিত কৰে, ধ্বংস কৰে, ভৰিৰে গচকে বা লিখিত বা কথিত শব্দৰে অপমান কৰে, তেনে ব্যক্তিয়ে তিনি বছৰ পৰ্যন্ত কাৰাবাস খাটিবলগীয়া হ'ব পাৰে বা জৰিমনা ভৰিব লাগিব পাৰে বা কাৰাবাস বা জৰিমনা দুয়োটাই হ'ব পাৰে।কিন্তু ৰাষ্ট্ৰীয় পতাকাখনক আইনগতভাৱে কোনো পৰিৱৰ্তন আনিবলৈ কোনো সমালোচনাত্মক মন্তব্য আগবঢ়ালে, তেনে মন্তব্যৰ ওপৰত উক্ত ধাৰা বলবৎ নহয়। ইয়াত 'ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা' মানে ৰাষ্ট্ৰীয় পতাকাখনৰ কোনো ছবি, চিত্ৰ, নক্সা, ফটো বা তেনে কোনো প্ৰত্যক্ষ প্ৰতিৰূপ হ'ব পাৰে আৰু "ৰাজহুৱা স্থান" মানে সাধাৰণ নাগৰিকে ব্যৱহাৰ কৰিব পৰা যিকোনো স্থান বা বাহনো হ'ব পাৰে।। (সংগ্ৰহিত)।

ঠিকনাঃ তিনিচুকীয়া, অসম।

অঙ্গন: পৃষ্ঠাঃ 9
ন-চিন্তাৰে গ্ৰন্থমেলা

সুমিতা শইকীয়া, বৰপেটা

'গ্ৰন্থমেলা'_ আমাৰ বাবে প্ৰয়োজনীয়তা কিমান !  তাৰ সদূত্তৰত দুটি বাক্যতে ক'ব বিচাৰোঁ, " ই এক জ্ঞানৰ ভাণ্ডাৰ । যাক হাতী মাৰি ভূৰুকাত ভৰোৱাই থোৱা হয় ।"
সমগ্র বিশ্ব-ব্ৰহ্মাণ্ডখনকে এখন গ্ৰন্থৰদ্বাৰা বিচাৰি পোৱা যায় । প্ৰতিখন গ্ৰন্থত প্ৰতিগৰাকী লেখকৰ ভিন্নসুৰী চিন্তনেৰে পাঠকৰ মন-মগজুত বাহ ল'ব পাৰিলে লেখকজন সাৰ্থক হোৱা বুল ভাবি ল'ব পৰা যায়। গ্ৰন্থৰ জৰিয়তে মানুহৰ চিন্তাধাৰকো বুজি উঠিব পাৰি । গ্ৰন্থই ইতিহাসৰ পৰা আদি কৰি বৰ্তমানৰ ভিন্ন দিশৰ সমলবোৰ আৱদ্ধ কৰি ৰখা এটি বৃহৎকায় পেৰা বুলি ক'লেওঁ ভুল কোৱা নহ'ব ! 

পূৰ্বৰেপৰা গ্ৰন্থই শিশুকে ধৰি বৃদ্ধলৈকে কিতাপ পঢ়াৰ মনোৰঞ্জন দি আহিছে । বৰ্তমানো তাৰ লয় শেষ হোৱা নাই । তথাপি যেন পূৰ্বৰ তুলনাত গ্ৰন্থৰ সুবাস ল'বলৈ  আমি পাহৰি গৈছোঁ ! তাৰ বাবে আমিয়ে দায়ী যেন অনুভৱ হয় ! বৰ্তমান ইণ্টাৰনেট যুগ । ইয়াৰ বাবে আমি হাতৰ মুঠিতে সকলো সহজতে পাওঁ হাতত থকা এনড্ৰ'য়েট ম'বাইলটোৰ সহায়ত  । কিন্তু আমি কোনোৱে ভাবি নাচাওঁ তাৰপৰা কিমান কি যে ক্ষতিও হৈ আছে !  আজি যিহেতু গ্ৰন্থৰ বিষয়ে উপস্থাপন কৰিবলৈ লৈছোঁ তাৰ বিষয়ে দুআষাৰ কথা পাতোঁ আহক ।  

প্রথম_দৃশ্যপট
চাওক, হাততে পোৱা ফোনটোত গুগল চাৰ্জ কৰিলে আমি বিচৰা গ্ৰন্থখনি ওলাই পৰিব সঁচা ! কিন্তু তাৰ বিপৰীতে আনএখন ছবিও ভাঁহি আহে তাক নুই কৰিব নোৱাৰি ! উদাহৰণস্বৰূপে, বহু পৃষ্ঠাজোৰা কিতাপ এখন Pdf . ত পঢ়াতো কিমান কষ্টকৰ তাক সকলোৰে জ্ঞাত ! কাৰণ তেনেকৈ পঢ়িলে বিভিন্ন বেমাৰে  চল পোৱাৰ লগতে আমাৰ মগজুৰ ক্ষমতাও বহু পৰিমাণে হ্ৰাস পায় । তদুপৰি সকলো জানিও কিন্তু আমি সন্তানক এখন কিতাপ কিনি দিবলৈ অমান্তি হ'ওঁ । তেওঁলোকৰ কিতাপ কিনিবলৈ আগ্রহ থাকিলেও আমি ডাঙৰবোৰে কিতাপৰ সলনি আন খেলনা অথবা বিভিন্ন সুস্বাদু খাদ্য খুৱাই শান্ত কৰি থোৱা চিত্ৰ এখনো গ্ৰন্থমেলাসমূহত দেখা পোৱা যায় ! এনেকুৱা চিন্তাধাৰাবোৰ আমি সলনি কৰিলেহে সন্তানসকলৰ কিতাপ পঢ়াৰ প্ৰতি ধাউতি জন্মিব । নিজ স্ব-চক্ষুৰে কিতাপ এখন পঢ়াৰ যিটো আনন্দ তাক ম'বাইলটোৱে কেতিয়াও দিব নোৱাৰে এয়া ধ্ৰুৱ সত্য । 

দ্বিতীয়_দৃশ্যপট
গ্ৰন্থমেলাখন পাতিলে নহ'ব ! তাক আমি সেইঅঞ্চলটোত বিস্তৰভাৱে প্ৰচাৰ কৰিব লাগিব । লগতে কিছুমান মনোগ্রাহী অনুষ্ঠানও অন্তৰ্ভুক্ত কৰিব লাগিব । উদাহৰণস্বৰূপে__ ৬০ ৰ ঊৰ্ধ্বৰ লোকসকলৰো কিছু আত্মবিশ্লেষণৰ অনুষ্ঠান, স্কুল-কলেজৰ প্ৰতিভাসম্পন্ন ছাত্র-ছাত্ৰীৰ এখনি মহামিলনৰ অনুষ্ঠান, শিশুসকলৰ ওপৰত বিভিন্ন কাৰ্যসূচী ৰখাৰ উপৰিও স্থানীয় শিল্পীসকলৰ কিছু অনুষ্ঠানৰ লগতে থলুৱা পৰম্পৰাকো সমাজৰ আগত উপস্থাপন কৰিবলৈ সুবিধা প্ৰদান কৰিলে গ্ৰন্থমেলালৈ মানুহৰ সমাগম কিছু বাঢ়িব বুলি ভাবোঁ । তদুপৰি অসমৰ গুণী-জ্ঞানী লোকসকলক আমন্ত্রণ কৰি আনি আলোচনাচক্ৰ পাতি ৰাইজক আকৰ্ষণ কৰিব পাৰিলে গ্ৰন্থমেলালৈ সুধীসমাজৰ ভিৰ যথেষ্ট হ'ব । মানুহৰে প্ৰৱেশেহে গ্ৰন্থমেলাৰ প্ৰাচুৰ্যতা বৃদ্ধি পাব । সেই চেগতে গ্ৰন্থৰ বিপিণীসমূহৰ পৰাও নিজৰ পচন্দৰ কিতাপসমূহ কিনিবলৈ সুবিধা পোৱাৰ উপৰিও বিভিন্নজনক লগ পোৱাৰ এটা চল ওঁ বিচাৰি পোৱা যায় । 

তৃতীয়_দৃশ্যপট
গ্ৰন্থমেলাখনৰ দায়িত্বত থকা পৰিচালনা সমিতিখনৰ বহুকষ্ট নিহিত হৈ থাকে । তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰে গোটেই অনুষ্ঠান আৰু প্ৰচাৰৰ ক্ষেত্রখনো । এইক্ষেত্ৰত মোৰ অনুভৱৰ পৰা এটি কথা ক'ব বিচাৰোঁ, যদি গ্রন্থমেলা হোৱা অঞ্চলটোৰ চৌদিশে সিঁচৰতি হৈ থকা স্কুল-কলেজসমূহৰ প্ৰত্যেকখনেৰে এটি-দুটিকৈ শ্ৰেণীক দিনৰ ভাগতে গ্ৰন্থমেলাৰ বাকৰিলৈ অনাৰ ব্যৱস্থা কৰি দিবৰ বাবে স্কুলৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব পাৰিলে নিশ্চয় ছাত্র সমাজৰ বাবে সেয়া আনন্দৰ দিন হ'ল হয় ! তাৰপিছত তেওঁলোকক গ্ৰন্থমেলাৰ বিপিণীসমূহত কিতাপৰ সৈতে বিলীন হ'বলৈ দি তেওঁলোকৰ ভাল লগা কিতাপসমূহৰ নাম লিখকৰ নামৰ সহিতে লিখি উলিয়াই দায়িত্বত থকা গুৰুজনৰ হাতত জমা দিবলৈ কোৱা যাওক । আৰু তাৰপৰা যদি একে নামৰ কিতাপসমূহ বিচাৰি উলিয়াই লৈ প্ৰতিখন স্কুল- কলেজৰ পুথিভঁৰাললৈ সেই কিতাপসমূহ কিনি সংগ্রহ কৰি আনিব পৰা যায় । আৰু তেতিয়া ছাত্র-ছাত্ৰীসকলে নিজ নিজ স্কুল-কলেজৰ পুথিভঁৰালৰপৰা মনে বিচৰা কিতাপখন আনি পঢ়িবলৈ সুবিধা পাব ।  কাৰণ আজিকালি কিতাপসমূহৰ যথেষ্ট দাম হোৱা হেতুকে সকলো অভিভাৱকে ভাল লগা কিতাপখন কিনি দিব নোৱাৰিবও পাৰে ! পুথিভঁৰালত থাকিলে অন্তত পঢ়িবলৈ সেইকণ সুবিধা হয় তেনে ছাত্র-ছাত্ৰীৰ । এইদৰে তেওঁলোকৰ পঢ়াৰ প্ৰতি ধাউতি জন্মাৰ উপৰিও বহু শব্দৰ জ্ঞানৰ ভঁৰাল চহকী হোৱাত সহায়ক হ'ব । লগতে বহু বানান শুদ্ধ হ'ব বুলিও মই ভাবোঁ । তেনে কাৰ্যই কিতাপৰ বিপিণীসমূহকো মনত সন্তোষ দিব  ! তদুপৰি এনেকৈয়ে মনোগ্রাহী কিতাপেৰে পুথিভঁৰাল আলমাৰীও ভৰি পৰিব  । এনেকুৱা সৰু সৰু চিন্তাৰে ছাত্র-ছাত্ৰীসকলক পঢ়াৰ প্ৰতি আগ্রহও জন্মাব পৰা যায় । 

চতুৰ্থ_দৃশ্যপট
বহুকেইখন গ্ৰন্থ বিপণীলৈ গৈ এটি কথা মন কৰিছোঁ যে ইংৰাজীত লিখা গল্পসমূহৰ প্ৰতি প্ৰয়োভৰ বৰ বেছি । তেনে সৰু সৰু গল্পবোৰ ইংৰাজী মাধ্যমৰ ল'ৰা-ছোৱালীৰ বাবেহে উপলব্ধ হয় যদিও তেনে ইংৰাজী থকা গল্পসমূহক লেখকসকলে অসমীয়ালৈ অনুবাদ কৰি অসমীয়া মাধ্যমৰ ল'ৰা-ছোৱালীৰ বাবে বিপণীসমূহত উলিয়াই দিয়া হ'লে বহুত ভাল হ'ল হয় বুলি মই ভাবোঁ । কাৰণ যিদৰে ইংৰাজী মাধ্যমৰ সন্তানসকলে তেনে ইংৰাজী গল্পসমূহ টপাটপ কিনিছে তেনেকৈ আমাৰ মাতৃভাষা(অসমীয়া )ৰ সন্তানসকলেও সেইবোৰৰ প্ৰতি আগ্ৰহী হ'ল হয় । সেই বিষয়টো লেখকসকলোলৈকে এৰি দিলোঁ । 

পঞ্চম_দৃশ্যপট
দুই-চাৰিখন বিপণীৰ পৰা পোৱা কথাষাৰ হৈছে , আমি কলেজৰ ছোৱালীবোৰকে বহু আশা কৰি আহোঁ কিন্তু কিয় জানো আজিকালি তাৰ ওলোটা চিত্ৰ এখনহে দেখিবলৈ পাওঁ ! তাৰ বাবে হাতত থকা ম'বাইলটোৱে দায়ী নেকি বাৰু ! ধৰিবয়ে নোৱাৰোঁ ! নে কিতাপ পঢ়াৰ প্ৰতি অনীহা তেওঁলোকৰ ! বিষয়টি আপোনালোকৰ বাবে এৰিলোঁ । 

সদৌশেষত, অনাগত গ্ৰন্থমেলাৰ প্ৰসাৰ হোৱাৰ কামনা কৰিলোঁ  । লগতে ন-পুৰণি লেখকসকলৰ পৰা ভাল ভাল গ্ৰন্থ উপহাৰ পাম বুলি আশাৰে বাট চাই ৰ'লোঁ । 

অঙ্গন: পৃষ্ঠাঃ 10
লোকপ্ৰজ্ঞা, ডাকপুৰুষ আৰু ডাকৰ বচন
(অন্তিম খণ্ড)

প্ৰণৱ ফুকন

ডাকৰ বচন: মধ্যযুগৰ অসমৰ কৃষিজীৱী সমাজৰ দৈনন্দিন কাম-কাজৰ বাবে প্ৰয়োজনীয় সকলো বিষয়ৰ ওপৰতে ডাকৰ বচন পোৱা যায়৷ এই বচনসমূহ সেই সময় অনুসৰি ইমানেই শুদ্ধ আছিল যে ইয়াক হিন্দুসকলৰ ধৰ্মগ্ৰন্থ বেদৰ বাণীৰ সৈতে ৰিজোৱা হৈছে ৷ যিদৰে কোনো হিন্দুৱে বেদৰ বাণীৰ অবমাননা নকৰে, সেইদৰে ডাকৰ বচন নমনাকৈ চলাৰ কথাও সেই যুগৰ সমাজে ভাৱিব নোৱাৰিছিল ৷

“ডাকৰ বচন বেদৰ বাণী ৷
তাক চলিবা সদায় মানি ৷৷
ডাকৰ বাক্য লৰচৰ ৷
ধৰা হ’ব তল ওপৰ ৷৷”

অৰ্থাৎ ডাকৰ বচন বেদৰ বাণীৰ দৰেই চিৰন্তন সত্য, সেয়ে এই বচন মানি চলিব লাগে ৷ ডাকৰ বাক্য উলঙ্ঘা কৰিলে পৃথিৱীখনেই তল-ওপৰ হ’ব অৰ্থাৎ সকলো কামেই ভুল হ’ব ৷

বিভিন্ন বিষয়ৰ ওপৰত ডাকৰ বচন থকালৈ চাই এইসমূহক বিভিন্ন ভাগত বিভক্ত কৰিব পাৰি ৷ ডাকৰ বচনৰ প্ৰসিদ্ধ গৱেষক ডঃ নবীন চন্দ্ৰ শৰ্মাদেৱে পুৰণি সাঁচিপতীয়া পুথিৰ পৰা এই বচনসমূহ উদ্ধাৰ কৰি ছপা কৰি উলিয়াইছে৷ তেখেতে ডাকৰ বচনক যিদৰে বিভক্ত কৰিছে, আমি তাকেই অনুসৰণ কৰি প্ৰতিটো ভাগৰে একোটাকৈ সৰু উদাহৰণ দি পাঠকৰ বাবে সহজবোধ্য কৰিবলৈ চেষ্টা কৰিছোঁ ৷ বচনৰ বানান প্ৰাচীন সাঁচিপতীয়া পুথিত থকাৰ দৰেই দিয়া হৈছ, শুদ্ধৰূপ অৰ্থ ভাঙোতে বন্ধনীৰ ভিতৰত দিয়া হৈছে ৷

(১) জন্ম প্ৰকৰণ সেই বচন সমূহৰ সমষ্টি যি সন্তান জন্মৰ সময়ত আৰু তাৰ পাছত ল’বলগীয়া সাৱধানতা আৰু কৰণীয় কামৰ বিষয়ে অৱগত কৰায় ৷ প্ৰবাদমতে ডাকৰ জন্ম হৈছিল দোভাগ ৰাতিত; ধাই আদি সকলো টোপনিত লালকাল ৷ প্ৰসূতিৰ কাষত যতনাই থ’ব লগা একো বস্তুয়েই কাষত নাই! ভূমিষ্ঠ হৈয়েই ডাকে কি কি যতনাব লাগে, কেনেদৰে কি কৰিব লাগে উপদেশ দি গ’ল; 

"উপজিয়া ডাকে বোলন্ত বাক।
পোঞাতি ৰাখি চাৱ পুতাক ৷৷
ধুৱাই পখলাই কোলে লৈবে জেবে ৷
ভালে ভালে ফুল পৰিব তেবে ৷৷
হৰিধ্বনি কৰি নাভি কাটিবা ৷
দৃঢ় মুষ্টি কৰি গাঠি বান্ধিবা ৷৷

শুনি সকলো হতভম্ব ৷ লৰালৰিকৈ ডাকে কোৱামতে সকলো যতনাই প্ৰসূতি আৰু সদ্যোজাত শিশুক চাফচিকুণ কৰিলে ৷ নাভি কাটি টানকৈ গাঁঠি বন্ধা হ’ল ৷

(২) ধৰ্ম্ম প্ৰকৰণ হ’ল সমাজত পালন কৰিবলগীয়া ধৰ্ম্ম সম্বন্ধে; এই ধৰ্ম্ম কোনো আনুষ্ঠানিক ধৰ্ম্ম নহয়, বৰং মহান মানৱ ধৰ্ম্মহে। উদাহৰণস্বৰূপে
“জেবে ধৰ্ম্ম কৰিবা জানি ৷
পুখুৰি খানিয়া ৰাখিবা পানি ৷৷
বৃক্ষ ৰোপনত অধিক ধৰ্ম্ম ৷
মঠ মণ্ডপ সোভন কৰ্ম্ম ৷৷”
(পুখুৰি= পুখুৰী, পানি= পানী, সোভন= শোভন ৷ মানুহ সদায় ধৰ্মৰ পথত থাকিব লাগে ৷ দহৰ উপকাৰৰ কাৰণে পুখুৰী খান্দি পানী সাঁচি ৰাখিব লাগে ৷ জলদান মহৎ কৰ্ম ৷ ইয়াতকৈও বৃক্ষৰোপণত অধিক গুৰুত্ব দিয়া হৈছে ৷ মহৎ কাৰ্যবোৰ যিজন লোকে কৰে তেওঁৰ আত্মাই মৃত্যুৰ পাছতো শান্তি পায় ৷)

(৩) ন্যায় প্ৰকৰণে গাঁৱৰ বুঢ়ামেঠাই হওক বা ৰজা বা আন কোনো বিষয়ববীয়াই হওক, গোচৰৰ বিচাৰ কৰোঁতে ন্যায় প্ৰদান কৰিবলৈ কেনেদৰে আগবাঢ়িব লাগে, সেই কথা কয়; উদাহৰণস্বৰূপে:
“জি ন্যায়ত নাহিকে সাখি ৷
ডাকে বোলে তাক থৈবাহা ৰাখি ৷৷
যদি সত্য কৰি সোধন্ত ন্যায় ৷
ডাকে বোলে তেবে স্বৰ্গক পাই ৷৷”
(সাখি= সাক্ষী। গোচৰৰ বিচাৰত যদি কোনো সাক্ষী নাথাকে, তেনে বিচাৰ স্থগিত ৰাখিব লাগে ৷ বিচাৰত কোনো পক্ষপাতিত্ব নোহোৱাকৈ সিদ্ধান্ত দিওঁতাজনে স্বৰ্গত স্থান পায় ৷)
আৰু
“বাপে পোৱে যদি কন্দল বাজে ৷
পুত্ৰক দণ্ডিব পণ্ডিত ৰাজে ৷৷”
(পিতৃয়ে পুত্ৰৰ ভালৰ কাৰণেই গোটেই জীৱন কাম কৰি যায়, কেতিয়াও পুত্ৰৰ অহিত চিন্তা নকৰে ৷ তেনেস্থলত যদি পিতা আৰু পুত্ৰৰ মতানৈক্য হৈ বিচাৰকৰ সন্মুখীন হয়, তেতিয়া জ্ঞানী বিচাৰকে পুত্ৰকেই দণ্ড বিহে ৷)

(৪) নীতি প্ৰকৰণে সমাজনীতিৰ শিক্ষা দিয়ে; যেনে
“সবলে নিৰ্বলে কিহৰ নিয়া ৷
পাচে পঞ্চাসে কিহৰ বিয়া ৷৷”
(সবল আৰু নিৰ্বল, ধনী আৰু দুখীয়াৰ মাজত সম্বন্ধ হ’লে নিৰ্বল বা দুখীয়াজনে সম মৰ্য্যাদা নাপায় ৷ সৰু ছোৱালীক বয়স্ক মানুহে বিয়া কৰোৱা প্ৰহসনৰ বাহিৰে একো নহয় ৷ এনে সম্বন্ধ বৰ্জনীয় ৷)
তথা
“কথাত পৰ ৰস নাই জেবে কব জানে৷
কৃষিত পৰ ৰস নাই জেবে নেনিয়ে বানে ৷৷
ভোজনত পৰ ৰস নাই জেবে পৰিসে আই 
নৌকাত পৰ সুখ নাই পৰে নিয়ে বাই ৷৷”
(জেবে= যেবে, যেতিয়া, নেনিয়ে= নিনিয়া, পৰিসে= পৰশে৷ জ্ঞান থাকিলেই নহয়, কথা ভালদৰে বুজাই ক’ব জানিবও লাগিব; তেহে আন মানুহে সেই কথাৰ সাৰমৰ্ম উপলব্ধি কৰিব ৷ বানপানীয়ে খেতিডৰা নষ্ট নকৰিলে খেতি কৰি যি আনন্দ পোৱা যায়, তাৰ তুলনা নাই ৷ মাকৰ হাতৰ ভাতকেইটাৰ সমান কোনো আহাৰ নাই ৷ আনে নাও বাই নিলে নৌকাভ্ৰমণ অতি সুখদায়ক হয় ৷)

(৫) ৰাজন্যাদি প্ৰকৰণত আছে ৰজা আৰু বিষয়াৰ কৰ্তব্যৰ বিষয়ে;
“জি ৰাজায় প্ৰজাক পালে ৷
তহিতে বসতি কৰিবা ভালে ৷৷”
(জি= যি, ৰাজায়= ৰজাই, তহতি = তাত ৷ ৰজাৰ কৰ্ত্তব্য প্ৰজা পালন; কিন্তু সকলো ৰজাই এই কাম সুকলমে কৰিব নোৱাৰে ৷ যি ৰজাই প্ৰজাপালন কৰে, তেওঁৰ ৰাজ্যত বাস কৰিলে সুখত থাকিব পাৰি ৷)

(৬)ৰন্ধন প্ৰকৰণ মূলতঃ সেই যুগৰ নাৰীসকলৰ বাবে ৰন্ধন কাৰ্য্যত ল’ব লগা সাৱধানতা, কিদৰে জুহালৰ জুইকুৰা জ্বলাব লাগে, কিহৰ লগত কি দিলে আঞ্জা সোৱাদ হয়, আদিৰ বিষয়ে;
“স্বাস দীৰ্ঘ কৰি দিবা ফু ৷
তেবে দেখিবা জুইৰ মু ৷৷”
(স্বাস= শ্বাস, মু= মুখ ৷ জুই জ্বলাবলৈ দীঘলীয়াকৈ ফুৱালে জুই ভালদৰে জ্বলি উঠে ৷)
আৰু
"সোকোতাৰ পাত, বেসুয়াৰৰ জোল৷
তৈলৰ ওপৰে দিয়া তোল ৷৷
পোৰোলা শাক, ৰোহিত মাছ৷
ডাকে বোলে সেই ব্যঞ্জন সাচ ৷৷"
(শোকোতাৰ পাত আৰু বেশৱাৰৰ জোল ৰান্ধি তেল মাৰিলে সোৱাদযুক্ত হয় ৷ বেসুয়াৰ মানে বেশৱাৰ; ই ব্যঞ্জনৰ উপকৰণ বিশেষ৷ এতোলা হিং,দুতোলা আদা,চাৰিতোলা জালুক, আঠতোলা জিৰা,ষোল্ল তোলা হালধি আৰু বত্ৰিছ তোলা ধনীয়া একেলগে বাটিলে এইবিধ উপকৰণ প্ৰস্তুত হয়৷ তেনেদৰে পোৰোলা শাক, অৰ্থাৎ পুৰৈশাক আৰু ৰৌ মাছৰ (ৰোহিত=ৰৌ) আঞ্জা খাবলৈ ভাল৷)

৭ গৃহিণী লক্ষণ হ’ল সুগৃহিণী কাক বোলে, কেনেবোৰ কথা মানি চলিলে এগৰাকী নাৰীয়ে নিজকে সুগৃহিণী স্বৰূপে প্ৰকাশ কৰিব পাৰে, সেই শিক্ষাদায়ক বচনৰ সমষ্টি ৷ চাওঁ আহক:
“জি নাৰি ৰন্ধন সালাক জাই ৷
মিষ্ট কৰি পাক কৰে সদাই ৷৷
নাহি মাত বোল নকৰে দন্দ ৷
খঙ্গ উঠিলে নোবোলে মন্দ ৷৷
সি গৃহস্তৰ বাঢ়ে শ্ৰী ৷
ডাকে বোলে সেহি লক্ষ্মি স্ত্ৰী ৷৷”
(জি= যি, নাৰি= নাৰী, সালা= শালা, সদাই= সদায়, খঙ্গ = খং ৷ যি নাৰীয়ে ৰান্ধনীঘৰলৈ যাবলৈ  কেতিয়াও এলাহ নকৰে আৰু তৃপ্তিদায়ক খাদ্য ৰান্ধে ৷ অবাবত কাকো নামাতে, কাৰো সৈতে কাজিয়া নকৰে, এনেকি খং উঠিলেও টানকৈ কথা নকয় ৷ এনে নাৰী যি ঘৰত থাকে, সেইঘৰ মানুহৰ শ্ৰীবৃদ্ধি হয় আৰু এনে নাৰীক লক্ষ্মী স্ত্ৰী বুলি অভিহিত কৰা হয় ৷)

আনহাতে কুগৃহিণীৰ লক্ষণ দিয়া হৈছে এনেদৰে:
“অল্প বুলিলে পাৰয় গালি ৷
ডাকে বোলে তাইক খেদা নিকালি ৷৷”
(অকণমান কিবা এষাৰ ক’লেই যি নাৰী জাঙুৰ খাই উঠে আৰু গালি-শপনি পাৰে, তেনে নাৰীক ঘৰত ঠাই নিদিয়াই ভাল ৷)

(৮) গৃহ লক্ষণ: ঘৰ কোন মূৱাকৈ সাজিব লাগে, মূল দুৱাৰ কোন দিশত হ’ব লাগে, ঘৰৰ কোন দিশত কি ৰাখিব লাগে, এই সকলোৰে সমষ্টি হ’ল গৃহ লক্ষণ। যেনে:
“পচিমে বাঁহ পুবে বেঁত ৷
উত্তৰে তামোল দক্ষিনে খেত ৷৷
পুবে ভাণ্ডাৰ পচিমে গোহালি ৷
ডাকে বোলে তাৰ সকলে সুৱলি ৷৷”
(ঘৰৰ পশ্ছিম দিশত বাঁহ ৰুব লাগে আৰু পূব দিশত বেঁত; উত্তৰ দিশত তামোল ৰুব লাগে আৰু খেতি পথাৰখন দক্ষিণ দিশত হ’ব লাগে ৷ ভঁড়াল পূবত আৰু গোহালি পশ্চিমত হ’লে সেই ঘৰ মানুহৰ জয়জয়-ময়ময় অৱস্থা হয় ৷)

(৯) কুপুৰুষ লক্ষণ: ডাকৰ বচনত এনে লোকক কুপুৰুষ আখ্যা দিয়া হৈছে:
“হুতাহ কৰে ভোজনৰ বেলা ৷
দৰিদ্ৰৰ চিন তাৰ ডাকে কহিলা ৷৷”
(আহাৰ গ্ৰহণ কৰোঁতে যি পুৰুষে হা-হুতাশ কৰে, তেনে পুৰুষে দাৰিদ্ৰক আমন্ত্ৰণ দিয়ে মাথোন ৷)

(১০) আনহাতে এনেবোৰ হ’ল সুপুৰুষ লক্ষণ:
“অল্প আহাৰ জাৰ নিদ্ৰা খিন ৷
সিতো পুৰুসৰ লক্ষনৰ চিন ৷৷”
(জাৰ= যাৰ, খিন= ক্ষীণ, পুৰুস=পুৰুষ, লক্ষন= লক্ষণ ৷ যি পুৰুষ মিতভোজী আৰু যাৰ টোপনি পাতল, তেওঁ সুপুৰুষ ৷)

(১১) নাৰী লক্ষণ: নাৰীয়ে কেনেদৰে নিজ মৰ্য্যাদা ৰক্ষা কৰিব পাৰে যাৰ জৰিয়তে সেই নাৰী লক্ষ্মীস্বৰূপা হয়, তাৰ উদাহৰণ:
“বস্ত্ৰ কেস পায় চিকন দেখি ৷
মাথাত ওৰনি লজ্জা অতি আখি ৷৷
আপোনাৰ কথাক নকৱৈ পৰত ৷
ডাকে বোলে লক্ষ্মি থাকিবে ঘৰত ৷৷”
(কেস= কেশ, চিকন= চিকণ, ওৰনি= ওৰণি, লক্ষ্মি= লক্ষ্মীযি নাৰীৰ কাপোৰ পৰিষ্কাৰ, যি চুলি সুন্দৰকৈ বান্ধে আৰু মূৰত ওৰণি লয় আৰু লাজ যাৰ লগৰী, যি নিজৰ বা ঘৰৰ কথা আনৰ কথা নকয়, তেওঁৰ ঘৰত লক্ষ্মী থাকে ৷)

(১২)কৃষি লক্ষণ: খেতিৰ বাবে প্ৰয়োজনীয় সকলো কথাৰ সমষ্টিক কৃষি লক্ষণ বোলা হৈছে, য’ত আমি দেখোঁ:
“আহু ৰোবা খোজত বুৰি ৷
সালি ৰোবা বেগেত ঘূৰি ৷৷
জেবে দেখা আঠু ওপৰে পানি ৷
হাতকত গোচ দিবা চানি ৷৷”
(ৰোবা= ৰুবা, সালি= শালি, জেবে= যেবে, যেতিয়া ৷ আহু ধান ৰুবৰ বাবে পথাৰত পানী এখোজ হ’ব লাগে; আনহাতে শালি ধানৰ বাবে এবেগেত পানী আৱশ্যকীয় ৷ পানী আঠুৰ ওপৰ পালেহি গোচ ৰুব লাগে ৷)

(১৩) যাত্ৰা লক্ষ: যাত্ৰাৰ শুভাশুভৰ বিষয়েও ডাকে কৈ গৈছে। উদাহৰণস্বৰূপে:
“বেস্যা নাৰি সুন্দৰি কন্যা ৷
জাত্ৰা কালে ইসব ধন্যা।৷”
(বেস্যা= বেশ্যা, নাৰি= নাৰী, সুন্দৰি = সুন্দৰী, জাত্ৰা= যাত্ৰা। যাত্ৰাৰ সময়ত গণিকা আৰু ধুনীয়া ছোৱালী দেখিলে যাত্ৰা শুভ হয় ।)

(১৪) বৃষ লক্ষণ: গৰু কিনা, পালন কৰা আদি সকলো আৱশ্যকীয় তথ্যেৰে ভৰা ডাকৰ বচনসমূহেই হ’ল বৃষ লক্ষণ। যেনে:
“গৰু কিনিবা চিকন জালি ৷
দুই চাৰি ছয় দন্তীয়া ভালি ৷৷
হৰিণৰ সম জিহ্বা কান ৷
হেন বলধক বিচাৰি আন ৷৷"
(জিহ্বা=জিভা, কান= কাণ। নতুন বলধহালি হ’ব লাগে হৃষ্ট-পুষ্ট, দমৰা, দাঁতে দুইৰপৰা চাৰি, ছয়লৈকে হ’লে ভাল ৷ কাণ আৰু জিভা যি গৰুৰ হৰিণৰদৰে, তেনে বলধ বিচাৰি আনিব লাগে ৷)

ইয়াৰ উপৰিও জৌতিস (জ্যোতিষ) প্ৰকৰণ, টোকনৰ গুণ, টোকন আদিৰ নাল, বৰ্ষাদি লক্ষণ, হলবাহন ক্ৰম, যমঘণ্ট কথন, দ্ৰব্যগুণ কথন, নাগ লক্ষণ, আদি বিভিন্ন বিষয়ৰ ওপৰত ডাকৰ বচন পোৱা যায়৷ এক কথাত ক’বলৈ গ’লে মধ্যযুগৰ কৃষিপ্ৰধান সমাজৰ বাবে আৱশ্যকীয় সকলো বিষয় ডাকৰ বচনে সাঙুৰি লৈছে ৷ সেয়েহে ডাকৰ বচনক বেদৰ বাণীৰ সমপৰ্য্যায়ৰ মৰ্য্যাদা দিয়া হয় ৷

অঙ্গন: পৃষ্ঠাঃ 11
গ্ৰীষ্ম বন্ধ আৰু গ্ৰন্থ সুবাস

আকাংক্ষা বৰা

গ্ৰীষ্ম বন্ধ বা গৰম বন্ধ কি যে এক উলাহ বা আনন্দৰে ভৰা মৌ মিঠা শব্দ। গৰম বন্ধ মানেই যেন এক সাময়িক সকাহ...স্বস্তিৰ নিশ্বাস৷ দৈনন্দিন কৰ্মব্যস্ততাৰ মাজত সাঁচি ৰখা গ্ৰন্থসমূহ পঢ়াৰ যেন এক সুবিধা এই গ্ৰীষ্ম বন্ধ৷ শেহতীয়াকৈ গ্ৰীষ্মবন্ধৰ সময়চোৱাত জনপ্ৰিয় লেখিকা মনালিছা শইকীয়াৰ “নাৰ্চিছাছৰ চহৰ” উপন্যাসখন পঢ়ি ক্ষুদ্ৰ অনুভৱ লিখিবলৈ প্ৰয়াস কৰিছোঁ৷

সৰ্বমুঠ ৯টা অধ্যায়, ৩৯২ পৃষ্ঠাজোৰা উপন্যাসখনত মনালিছা শইকীয়া বাইদেৱে দৰ্শন, বুৰঞ্জী, মনোবিজ্ঞানৰ তথ্যৰে উপন্যাসখন সমৃদ্ধ কৰি তুলিবলৈ সক্ষম হৈছে৷
নাৰ্চিছাছৰ চহৰত প্ৰতিজন আত্মপ্ৰেমত বিভোৰ নাৰ্চিছাছৰ জীৱনৰ প্ৰতিচ্ছবি উপন্যাসখনৰ মূল উপজীৱ্য৷ 
লেখিকাই উল্লেখ কৰিছে আত্মপ্ৰীতি, আত্মপ্ৰেমৰ ভয়ংকৰ অৱস্থাটো কি ? এক অসুখ৷ Narcissism...! নাৰ্চিছিজিম মানে “ too much interest in admiration for your own physical appearance of your own abilities.”

গুৱাহাটী মহানগৰীৰ উত্থান-পতন আৰু পৰিৱৰ্তনৰ কাহিনীৰে মনালিছা শইকীয়া বাইদেউৰ মননশীল সৃষ্টি “নাৰ্চিছাছৰ চহৰ”৷ লেখিকাই উপন্যাসখনত ভিন্ন বয়সৰ ভিন্ন দিশৰ তথা আৰ্থ-সামাজিক জীৱনৰ ভিন ভিন ব্যক্তিৰ সমাহাৰেৰে সময়ৰ সৈতে খাপ খোৱাকৈ সেই ব্যক্তিৰ দৃষ্টিভংগীৰে একোটি চৰিত্ৰৰ যোগেদি ফুটাই তুলিবলৈ চেষ্টা কৰিছে৷

অৰবিন্দ আৰু জ্যোৎস্না নামৰ নৱ বিবাহিত দম্পতীৰ কাহিনীৰে আৰম্ভ হোৱা উপন্যাসখনত কোনো চৰিত্ৰকে মুখ্য ৰূপত উপস্থাপন কৰা নাই। আনকি নিৰ্জীৱ চৰিত্ৰ ৰূপে 'সুৰভি কুটীৰে'ও পঢ়ুৱৈৰ সহানুভূতি আদায় কৰিবলৈ সক্ষম হৈছে৷
অকলশৰীয়া, নিসংগ, একাকীত্ব, জীৱনৰ বিয়লিবেলাত সন্মুখীন হোৱা সমস্যা, সন্তানৰ সৈতে হোৱা অভিভাৱকৰ মানসিক দ্বন্দ্ব তথা জীৱনৰ অন্যান্য প্ৰাসংগিক দিশসমূহ উপন্যাসখনে সামৰি লৈছে৷

গুৱাহাটী নামটোৰ আঁৰতো লুকাই আছে অনেক কাহিনী৷ অতীতৰ গৌৰৱময় ইতিহাসৰ স্মৃতি সামৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল বিশেষকৈ যোৰপুখুৰী, উজানবাৰী, আমবাৰী আদিৰ কাহিনী উপন্যাসখনত ওপঙি আছে৷ ইয়াৰোপৰি উগ্ৰতাৰা দেৱালয়, উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰৰ ইতিহাস তথা প্ৰাকৃতিক পৰিৱেশৰ মনোৰম বৰ্ণনা কৰা হৈছে৷ শৰাইঘাট যুদ্ধ, স্বাধীনতাৰ পাছত বেলতলাত আৰম্ভ হোৱা কৃষক আন্দোলন, ১৯৪৮ চনৰ আধিয়াৰ আইনৰ এক চমু আভাসো লেখিকাই তুলি ধৰিছে৷

উপন্যাসখনে সামৰি লৈছে মা কামাখ্যা মন্দিৰৰ বৃত্তান্ত, বশিষ্ঠাশ্ৰমৰ ইতিহাস তথা গোলাঘাট জিলাৰ ইতিহাস৷ ইয়াৰোপৰি উপন্যাসখনৰ বুকুত সামৰি লৈছে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনৈতিক জীৱন সমৃদ্ধ কৰা মহীৰূহ মাণিক চন্দ্ৰ বৰুৱা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈৰ দৰে ব্যক্তিৰ নাম৷

প্ৰিণ্ট মিডিয়া আৰু টি.ভি. সাংবাদিকতাৰ মাজত হোৱা সংঘাত আৰু আদৰ্শবাদক গৌৰীশংকৰ নামৰ চৰিত্ৰৰ যোগেদি তুলি ধৰিছে৷ উপন্যাসখনত অসমত ব্ৰিটিছৰ দিনৰে পৰা প্ৰচলিত হোৱা 'ৰাজহ আৰু ভূমি অধিনিয়ম' আইনৰ সাম্প্ৰতিক সময়ত আহি পৰা দুৰ্বলতা আৰু বিদ্ৰোহী সংগঠন 'আলফা'ৰ জন্মৰ সময়ত অসমৰ সামাজিক, ৰাজনৈতিক পৰিস্থিতিৰ আভাস দিয়া হৈছে৷ 
'বেলিভিউ চিটি' নামৰ এপাৰ্টমেণ্ট নিৰ্মাণৰ নামত এটি বহুজাতিক কোম্পানীয়ে অসমীয়া চহা মানুহক কৰা ঠগ-প্ৰবঞ্চনা, প্ৰতাৰণাৰ কথা, থলুৱা জাতি-জনজাতিৰ দুৰ্দশাৰ কথা উপস্থাপন কৰিছে। 

“জীৱন কেৱল পাটীগণিত নহয়৷ কুঁহিপাতৰ আৰু সৰু পদ্যবোৰৰো অৰ্থ আছে৷" কুঁহিপাতৰ পদ্য আওৰাবলৈ পাহৰি পাটীগণিত লেখা, আহৰি বিহীন অভ্যস্ত জীৱনে ভীৰ কৰে গুৱাহাটীৰ অলিয়ে-গলিয়ে৷ পৰিৱৰ্তনৰ ধুমুহাত গুৱাহাটীৰ প্ৰকৃতিয়ে নিতে ৰূপ সলাইছে৷ কংক্ৰিটৰ মাজত, আধুনিক সংস্কৃতিৰ গ্ৰাসৰ লগে লগে নিসংগতা, একাকীত্বৰে ভৰি পৰা মনবোৰৰ ডেউকা ধপধপাইছে৷ ইয়াৰ মাজতে আশাই বাট বুলিছে৷ মানুহবোৰে যেন নকৈ জীয়াই থাকিবলৈ নতুন সাহ পাইছে৷ 

উপন্যাসখনিত অতি ৰসালৰূপত উপস্থাপন কৰা এহাল নৱ দম্পত্তিৰ প্ৰেম, দায়িত্বৰ শিহৰণ, এহাল তৰুণ-তৰুণীৰ সংযমযুক্ত প্ৰেম, এহাল বৃদ্ধ দম্পত্তিৰ চিৰসেউজীয়া জীৱন গাঁথা, ডিমেনছিয়াত আক্ৰান্ত স্বামীক আলপৈচান ধৰি নাভাগৰা বৃদ্ধগৰাকী শেষসময়ত উকা কপালেৰে উচ্চাকাংক্ষী পুত্ৰৰ কথাত সেউজীয়া পৰিৱেশ আবৃত আবাস ত্যাগ কৰি ভাড়াঘৰলৈ যাবলগীয়া হোৱা দৃশ্যও লেখিকাই সুন্দৰভাৱে ফুটাই তুলিছে৷ ইয়াৰোপৰি উপন্যাসখনত এজন জ্ঞানী চৰিত্ৰবান উচ্চ শিক্ষিত যুৱকৰ উন্মাদপ্ৰায় আকৰ্ষণৰ ঢৌত শেষ হৈ যোৱাৰ সম্ভাৱনাও দেখা যোৱাৰ লগতে সমাজৰ কালস্বৰূপ ড্ৰাগছৰ ভয়াৱহতাৰ ছবিও দেখা গৈছে৷ 

লেখিকাই তুলনা কৰিছে পুৰণি আৰু নতুন গুৱাহাটীখনক৷ ফ্ৰয়েডৰ ব্যাখ্যাৰে মনস্তাত্বিক দিশবোৰ আওৰাইছে৷ ন ন ব্ৰেণ্ডৰ পয়োভৰ, ৰঙীণ, আঢ়্যৱন্ত গুৱাহাটীৰ জীয়া প্ৰতিচ্ছবি কেনভাছত অংকন কৰিছে৷ 

উপন্যাসখনৰ শেষলৈ অৰবিন্দ-জ্যোৎস্নাৰ সন্তান জন্মই আশাবাদৰ বতৰা আনিছে৷ সদৌ শেষত স্বীকাৰ কৰিবই লাগিব যে উপন্যাসখনৰ এটি কোণত 'শিল্প' আৰু 'শিল্পী সত্তা'ক অন্য এক দৃষ্টিকোণৰ পৰা বৰ সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷ 

ঔপন্যাসিকৰ ভাষাৰেই- “ সঁচা অৰ্থত ক’বলৈ গ’লে শিল্প ক’ত নাই? সকলোতেচোন শিল্প৷... এক প্ৰাচীন শিল্পৰ মূৰ্তিৰ দৰে বুকুত দাগ কাটি বহি থকা যাতনাবোৰতো শিল্প৷ কাহিনী, কবিতা, ছবি হৈ যাৰ আত্মপ্ৰকাশ ঘটে৷... শিল্প সকলোতে আছে৷ কিন্তু সেই শিল্পক উপলব্ধি কৰিব পৰাকৈ মানুহৰ বোধ আৰু দৃষ্টিৰহে অভাৱ৷" (পৃষ্ঠা ৩৫০)

উপন্যাসখনৰ শেষাংশত উল্লেখ কৰা কেইশাৰীমান বাক্যই বাৰুকৈয়ে চুই গ’ল- “তুমি নিজেই নিজৰ শ্ৰেষ্ঠ সকাহ৷ শক্তিশালী হোৱা, সাহসী হোৱা৷ জ্যোতিৰ্ময়ী হোৱা৷ এই সকলো প্ৰাণ-প্ৰাচুৰ্যৰ পিছতো মানুহৰ ভিতৰত এক আলোকময় সত্বা থাকে। সেই আলোকসন্ধানী যাত্ৰা আৰম্ভ কৰা৷"

(ঠিকনাঃ খনিকৰ গাঁও)

অঙ্গন: পৃষ্ঠাঃ 12
অঙ্গনৰ লিখনী আৰু মোৰ কিছু অনুভৱ

ৰীপা দোলাকাষৰীয়া

পষেকীয়া (বৰ্তমান মাহেকীয়া হিচাপে প্ৰকাশ পায় আছে) আলোচনী "অঙ্গন"ৰ সমূহ পঢ়ুৱৈ তথা লেখক-লেখিকালৈ মোৰ আন্তৰিক শুভকামনা জনালোঁ। এইখন আলোচনীৰ ময়ো এগৰাকী নিয়মীয়া লেখিকা। কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতেই অলপ আজৰি উলিয়াই কেতিয়াবা গল্প, কবিতা, প্ৰৱন্ধ, নিৱন্ধ, মনৰ কিছু অনুভৱ, নীলাখামৰ চিঠি ইত্যাদি বিষয়বোৰ অঙ্গনৰ পাতত মাজে-সময়ে প্ৰকাশ কৰি আহিছোঁ। অঙ্গনৰ সম্পাদক মোৰ বন্ধু হেমেন নাথে এই আলোচনীখন সম্পাদনাৰ ক্ষেত্ৰত যথেষ্ট পৰিশ্ৰম কৰে, যাতে পুৰণিৰ লগতে নৱপ্ৰজন্মৰ প্ৰতিগৰাকী লেখক-লেখিকাই তেওঁলোকৰ সাহিত্যৰ সৃষ্টিৰ বাটত প্ৰেৰণা লাভ কৰে। লগতে অঙ্গনৰ সমূহ পৰিয়াল বৰ্গ এই ক্ষেত্ৰত যিখিনি অৱদান আগবঢ়াইছে সেই কথাও লেখত ল'ব লগীয়া। বহুতো সময়ত বহুতো সুন্দৰ ৰূপত ভিন্ন বিষয়ৰ ওপৰত সময়োপযোগী লেখা ইয়াত সন্নিৱিষ্ট হৈ আহিছে। ইয়াৰ লেখক-লেখিকা তথা পঢ়ুৱৈ সকলৰ উৎসাহ উদ্দীপনালৈ  লক্ষ্য ৰাখি এই কথা সহজেই অনুমান কৰিব পাৰি যে "অঙ্গন" সকলোৰে বাবে আদৰণীয় আৰু জনপ্ৰিয় আলোচনী।

যোৱাতো পষেকত অঙ্গনৰ পৃষ্ঠাত সম্পাদকীয় শিতানটি বৰ মনোগ্ৰাহী হৈছিল। লগতে লেখক ৰাজীৱ বৰাৰ "আপুনি যদি  কবি, কিমান কবি---?" শীৰ্ষক প্ৰৱন্ধটি পঢ়ি আপ্লুত হ'লো। ইয়াত ঈশ্বৰ প্ৰদত্ত কিছুমান গুণ বা প্ৰতিভা আৰু স্বইচ্ছাৰে গঢ়িলোৱা কিছু ৰূপৰ  বিশ্লেষণ দাঙি ধৰা হৈছিল।  মোৰ কিছু ব্যক্তিগত অনুভৱৰ ফালৰ পৰা চিন্তা-চৰ্চা কৰি একলম লিখাৰ আগ্ৰহ সামৰিব নোৱাৰিলো। সেয়েহে আজিৰ এই লেখনিৰ সৃষ্টি হ'ল। জন্মলগ্নৰে পৰা এটি শিশুক ঈশ্বৰে কিছু গুণ দি পঠিয়াই বুলি আমি সকলোৱে জানো। শৈশৱ সোমোৱাৰ লগে লগে অভিভাৱক তথা শিক্ষাগুৰু সকলে সেই শিশুৰ গুণ বা প্ৰতিভাখিনি চিনাক্ত কৰি তেওঁলোকক সেই পথেৰে আগুৱাই যোৱাত সহায় কৰে। চাৰিত্ৰিক গঠন, মানসিক  উৎকৰ্ষ সাধন, আধ্যাত্মিক ভাৱধাৰা, সামাজিক, বৌদ্ধিক তথা সাংস্কৃতিক বিকাশ সাধনেৰে এটি শিশুক ভৱিষ্যতৰ পথত সুনাগৰিক কৰি গঢ়ি তোলাতো প্ৰতিজন অভিভাৱক তথা শিক্ষাগুৰুৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য। কিন্তু সময়ৰ লগে লগে পৰিৱেশৰ প্ৰভাৱ, সংগ দোষ আৰু বৰ্ধিত মানসিক চাপৰ ফলত বৰ্তমানৰ প্ৰজন্ম বিপথে পৰিচালিত হোৱা দেখা যায়।এওঁ‌লোক প্ৰায়ে সমাজত সমালোচনাৰ পাত্ৰ । গ্ৰন্থ অধ্যয়ন, সৃষ্টিশীল কামৰ প্ৰতি মনোনিৱেশ, জন্মলগ্নতেই গাত লৈ অহা প্ৰতিভা সমূহৰ সফল ব্যৱহাৰেৰে তেওঁলোকো সমাজত সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ  পৰিব পাৰে। ৰাজীৱ বৰাই প্ৰৱন্ধটিত উল্লেখ কৰাৰ দৰে আনে কৰা কামৰ সমালোচনা কৰাতকৈ  নিজেই সেই কামটিত লাগিলেহে গম পোৱা যায় যে কামটো কিমান জটিল। এজন কবিৰ বাবে এটা কবিতা সৃষ্টি কৰাটো কিমান কষ্টকৰ সেই কথা আপুনি মই কিমান বিচাৰ কৰো ? কবিতা অথবা অন্যান্য সাহিত্যৰাজী সৃষ্টি কৰিবলৈ যাওঁতে ইয়াৰ বিষয়বস্তু , পটভূমি, চিত্ৰ দৰ্শন, ভাষা আৰু অলংকাৰৰ প্ৰয়োগ ইমান নিখুট হ'ব লাগিব যে পাঠকে বিষয়টোক আদৰি ল'বলৈ বাধ্য হয়। ঠিক সেইদৰে এজন শিল্পীয়ে সাধনাৰ জৰিয়তে সংগীত তথা বাদ্যযন্ত্ৰত সুৰৰ মূৰ্চনা তুলিব পাৰে। এজন চিত্ৰকৰৰ ৰং তুলিকাত এখন ছবিয়ে প্ৰাণ পায় উঠে। ভিন ভিন সময়ত সাহিত্য চৰ্চাৰ সৈতে জড়িত ব্যক্তি সকলে তেওঁলোকৰ অমূল্য জ্ঞান ভাণ্ডাৰ প্ৰয়োগ কৰি সমাজলৈ বিভিন্ন গ্ৰন্থৰ সৃষ্টিৰে  মহান অৱদান আগবঢ়াই আহিছে। এইসকল ব্যক্তি আমাৰ অনুপ্ৰেৰণাৰ উৎস। কিন্তু বৰ্তমান সময়ত এনে এচাম ব্যক্তি দেখা যায়, যিচাম ব্যক্তিয়ে আনৰ গুণ বা প্ৰতিভা সমূহক সমালোচনা কৰিবলৈ নাপাহৰে। সেইচাম ব্যক্তিৰ মাজত এনে কোনো পাৰ্গত ব্যক্তি নাই  যি  কোনো শিল্পী,  চিত্ৰকৰ, কবি-সাহিত্যিক কাকোৱেই সমালোচনাৰ পৰা ৰেহাই নিদিয়ে। কোনোবা খিনি সময়ত আকৌ এনে এচাম ব্যক্তিয়ে নিজকে সেইসকল ব্যক্তিৰ লগত নিজকেই একাকাৰ কৰি ভাল পায়। প্ৰকৃত শিল্পীৰ কণ্ঠত গান শুনি  তেওঁলোকৰ কোনোবা এজন গায়ক-গায়িকাও হৈ পৰে। জনাই নজনাই আমিও পাৰিম বুলি মৰসাহ কৰি কবি-সাহিত্যিকক দেখি সাহিত্য চৰ্চা কৰিবলৈও লাগি যায় বা দেখাক দেখি অভিনয়ৰ প্ৰতি আগ্ৰহান্বিত হোৱাও দেখা যায়। তেনেচাম ব্যক্তিয়ে প্ৰকৃত আৰু শুদ্ধ শিল্পী সত্তাক চিনি নাপায়। মূল কথাত ইয়াৰ আঁ‌ৰতেই হ'ল  তেওঁলোকৰ অহংভাৱ আৰু পৰশ্ৰীকাতৰ মনোভাৱ। আনৰ সৈতে তুলনা কৰি ভালপোৱা এইচাম শিল্পী প্ৰায়ে সমাজত হাঁহিয়াতৰ পাত্ৰ হোৱা দেখা যায়, যিহেতু তেওঁলোকৰ  গাত এইসমূহ গুণৰ বিশেষ দক্ষতা নাথাকে। অসমীয়া ফকৰাত কোৱাৰ দৰে -- "দেখাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা "।    

এইখিনিতে মোৰ এটা ব্যক্তিগত অনুভৱ আগবঢ়াব বিচাৰিছোঁ। আজি কিছুদিনৰ আগতে এটা অনুষ্ঠানত অংশগ্ৰহণৰ সৌভাগ্য ঘটিছিল। সমৱেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটি সুচাৰুৰূপে  পৰিচালিত হৈ গৈ আছিল। মাজতে এটি একক সংগীতৰ অনুষ্ঠান পৰিল। সকলোৱে আগ্ৰহেৰে অনুষ্ঠানটো উপভোগ কৰিবলৈ উৎসাহ বোধ কৰিলে। এগৰাকী  শিল্পীয়ে জয়ন্ত হাজৰিকাৰ এটি কালজয়ী গীত প্ৰদৰ্শন কৰিলে। তাতেই কেনাটো লাগিল। এটা বেসুৰা আৰু ভুল শব্দৰ প্ৰয়োগেৰে গীতটো প্ৰদৰ্শন কৰা বাবে তাত উপস্থিত থকা গণ্য-মান্য ব্যক্তি সকল অপ্ৰস্তুত হৈ পৰিল। কিন্তু প্ৰতিবাদৰ ভাষা কাৰোৱেই নাছিল। সৰুৰে পৰা সংগীতৰ চৰ্চা কৰি ভাল পোৱা মই জনীও মনে মনে ক্ষুণ্ণ হৈ পৰিছিলোঁ। অনুষ্ঠান শেষ হোৱাৰ পিছত হতাশ মন এটা লৈ ঘৰলৈ ঘূৰিছিলো। মোৰ এজন গুৰুৱে (যি সভাত নিমন্ত্ৰিত অতিথি আছিল) ফোনৰ যোগে মোক প্ৰশ্ন কৰিছিল অনুষ্ঠানটি আৰম্ভণিৰ পৰা শেষলৈ মই তাত উপস্থিত থকাৰ স্বত্বেও মই কিয় এটি গীত পৰিৱেশনৰ পৰা বঞ্চিত হৈ ৰ'লো ? সেইদিনা মোৰ হাতত একো উত্তৰ নাছিল। তেখেতে আকৌ কৈছিল আমাৰ দৰে সংগীত চৰ্চা কৰি ভালপোৱা মানুহবোৰ থকাৰ পিছতো সেই শিল্পী গৰাকীৰ গীতৰ কথা আৰু সুৰবোৰ শুদ্ধ ৰূপত আয়ত্ত কৰিবলৈ শিকাই নিদিলো কিয় ? এইটো প্ৰশ্নৰ উত্তৰত মই জনাইছিলো যে, শিল্পী গৰাকীয়ে মাথোঁ একক প্ৰচেষ্টাহে কৰিছিল। সাধনা অথবা আনৰ পৰা আয়ত্ত কৰিব পৰা গুণ তেওঁৰ নাছিল আৰু ভুলকৈ অনুষ্ঠান প্ৰদৰ্শন কৰিও তেখেতৰ কোনোধৰণৰ অনুশোচনা হোৱা নাছিল। এজন প্ৰকৃত শিল্পী হোৱা হ'লে  তেখেতে হয়তু লাজ পালে হেঁতেন। যি কি নহওক সেই শিল্পীগৰকীৰ অহং মানসিক অৱস্থা, মোৰ অসহায় মানসিক অৱস্থা আৰু সেই গুৰুজনৰ অসহিষ্ণু মানসিক অৱস্থাৰে এটা জটিল পৰিস্থিতি পাৰ হৈ গ'ল। ভুলটো যিহেতু ভুলেই হয় গতিকে তাৰ শুধৰণি কৰাতো  অতি প্ৰয়োজনীয় আৰু অন্যায়ৰ প্ৰতিবাদ কৰাটোও আমাৰ বাবে খুৱেই বাঞ্ছনীয়।ঈশ্বৰ প্ৰদত্ত গুণসমূহৰ অৱজ্ঞা নকৰি সেই সমূহৰ বিকাশ তথা প্ৰকৃত শিক্ষণৰ জড়িয়তে আগবঢ়াই নিয়ক।সকলোলৈকে এটাই অনুৰোধ আনক সমালোচনা নকৰি  নিজেই কি বিষয়ত পাৰদৰ্শিতা দেখুৱাব পাৰি সেই বিষয়টো চিনাক্ত কৰি সাধনা কৰক। প্ৰকৃত শিল্পীক সন্মান কৰিবলৈ শিকক আৰু তেওঁলোকৰ পৰা আপোনাৰ ভাল লগা  বিষয়বোৰ আয়ত্ত কৰিবলৈ আগ্ৰহ কৰক। দেখিব আপুনিও এজন সুগায়ক, গায়িকা, বাদ্যযন্ত্ৰী, নৃত্য বিশাৰদ সকলো হৈ পৰিব পাৰে। তাৰ বাবে লাগিব কঠোৰ পৰিশ্ৰম, সাধনা, একাগ্ৰতা আৰু অসীম ধৈৰ্য। এক কথাত ক'বলৈ গ'লে  "অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।" পুনৰ অঙ্গনৰ পঢ়ুৱৈ তথা লেখক-লেখিকালৈ আহ্বান জনাও যে নিজেই সকলো ধৰণৰ লেখা অধ্যয়ন কৰক আৰু আনকো আপোনাৰ লিখনি সমূহ অধ্যয়ন কৰাৰ সুবিধা দিয়ক।আপোনাৰ ভুল-ত্ৰুটিবোৰ বিচাৰ কৰি তাক শুদ্ধ ৰূপত উপস্থাপন কৰক। একানপটীয়াকৈ সাহিত্য চৰ্চাত মনোনিৱেশ কৰক আৰু "অঙ্গন"ক ভৱিষ্যতেও সুন্দৰ ৰূপত উজলাই তোলক।
অঙ্গনৰ দীৰ্ঘায়ু কামনাৰে
          
(মাজুলী, ফোন নং-৬৯০০২৮৮১৩২)

অঙ্গন: পৃষ্ঠাঃ 13

শংকৰ গুৰুজনাৰ জীৱনত প্ৰভাৱ পেলোৱা
নাৰী কেইগৰাকী

দীপশিখা হাজৰিকা বৰুৱা

শংকৰ দেৱৰ বাস্তৱ জীৱনত পোৱা প্ৰথম গৰাকী মহীয়সী নাৰী আছিল আইতাক খেৰসুতী। যাৰ অনুপ্ৰেৰণাত জ্ঞানৰ মাণিক বুটলি জগতক তেওঁ বিলাইছিল।কম বয়সতে মাতৃ পিতৃক হেৰুবাই ধিতিঙালি কৰি ফুৰা শংকৰদেৱক অনাক্ষৰী আইতাকে গুৰুৰ ওচৰলৈ যাবলৈ প্ৰেৰণাৰ লগতে দায়িত্বৰ আভাস দিলে।যাৰ ফলত শিক্ষাৰে শিক্ষিত হৈ গুৰুজনাই গোটেই জগত পোহৰালে।চান্দৰী আইৰ কোলাত একোলা দুকোলাকৈ বাঢ়ি আহিছিল শংকৰদেৱ।প্ৰথম ৰাইজক দেখুৱাবলৈ কৰা ভাওনা চিহ্নযাত্ৰাৰ কাৰণে বৈকুণ্ঠৰ পট আঁকি কল্পতৰু জোপা কত দিব চিন্তাকৰি থাকোতেই চোতালত ধান মেলিবলৈ গৈছিল চান্দৰী আই।তেঁৱেই গুৰুজনাক কল্পতৰুৰ স্থান দেখুৱাইছিল।সাধাৰনতে আমাৰ সমাজত দ্বিতীয় পত্নীৰ স্থান বৰ সন্তোষজনক নহয়।কিন্তু গুৰুজনাৰ দ্বিতীয় পত্নী কালিন্দী আই গৰাকীয়ে গুৰুজনাৰ বৃহৎ ব্যক্তিগত পুঁথিভৰালৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু লগতে শংকৰ দেৱৰ পৰমভক্ত মাধৱদেৱক সুণ্দৰীদিয়াত সত্ৰ পাতিবলৈ অনুমতি দিছিল।কনকলতা আছিল গুৰুজনাৰ নাতিবোৱাৰী।এই গৰাকী নাৰীয়ে কালিন্দী আইৰ পৰা পোৱা বণৰ্নাৰে অৰণ্যতবত বৰদোৱা উদ্ধাৰ কৰিবলৈ গুৰুজনাক সহযোগ কৰিছিল। শংকৰদেৱে সেই যুগতেই নাৰীৰ চিন্তাধাৰাক প্ৰশংসা কৰি যথাযথ মূল্য দিয়াটোৱেই তেঁওৰ আধুনিক মনৰ পৰিচয় বহন কৰিছিল।গুৰুজনাই নাৰীক দিয়া এই সাহসৰেই পতীক তথা ধাৰক আৰু বাহক আজিৰ নাৰী সমাজ।
লেখিকাৰ ঠিকনাঃ দুলীয়াজান)

অঙ্গন: পৃষ্ঠাঃ 14
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ

(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ

খণ্ড ২০

অৱশেষত ঘৰত কথাটো জনাব লগীয়া নহ'ল বাবে মনটো অলপ ভাল লাগিল । প্ৰায় দহ দিন মই ৰূমতে সোমাই থাকিব লগা হ'ল । পিকনিকলৈ যোৱাৰ পাছৰ পৰাই পৰাগে মোৰ প্ৰতিটো খবৰ ৰখা হ'ল । মই তাৰ কিবা কথাত হা না কৰোঁ বা নকৰোঁ সেইটোলৈ সি এবাৰো নাভাবে বুলি মোৰ ধাৰণা হ'ল । কিয়নো মোৰ প্ৰতি তাৰ যি হেঁপাহ মৰম আদৰ ভালপোৱা প্ৰকাশ কৰে মোৰ কোনো কথাতে সেই ভাব প্ৰকাশ কৰি দেখুওৱা নাছিলোঁ যে মই তাক ভালপাওঁ নে বেয়াপাওঁ ! মই সেই দহ দিন কলেজলৈ  নাযাওঁতে প্ৰতিদিনে নিশাহঁতৰ পৰা খবৰ লৈছিল আৰু কিবা নহয় কিবা এশাৰী হ'লেও কাগজৰ টুকুৰাত লিখি পঠাইছিল । প্ৰতিদিনে পৰাগে  লিখা কথাবোৰ আছিল এনেধৰণৰ ---
: চাৰি চকুৰ মিলনেই যদি হয় প্ৰেমৰ আৰম্ভণি  তেন্তে প্ৰথম কলেজত ভৰি দিয়েই তোমাৰ প্ৰেমত পৰিছিলোঁ ।
: ভালপোৱাই কোনো চৰ্ত নাৰাখে ; সেয়ে কোনোদিনে আমাৰ মাজত একো চৰ্ত নাৰাখোঁ । মাথোঁ দায়িত্ব আৰু কৰ্তব্যৰ মাজেৰে প্ৰেমক জীয়াই ৰাখিম ।
: ভালপোৱা কোনো দৈহিক সৌন্দৰ্য্য নহয় ; ই হৃদয়ৰ গভীৰ আত্মিক অনুভূতি । মই তোমাৰ দৈহিক ৰূপ নিবিচাৰোঁ বিচাৰোঁ মাথোঁ অন্তৰৰ সৌন্দৰ্য্য যি সৌন্দৰ্য্য তোমাৰ মাজত বিদ্যমান । 
: ভালপোৱাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি বা জুখিবও নোৱাৰি । ভাল কিয় লাগে ভাল কিয় পাওঁ বুজাই ক'ব নোৱাৰাটোৱে প্ৰকৃত প্ৰেমৰ অনুভূতি । তুমি কোনোদিনে নুসুধিবা তোমাক মই কিয় কিমান ভালপাওঁ । কিমান ভালপাওঁ কিয় ভালপাওঁ যদি তুমি মোক ভালপোৱা নিজেই উপলব্ধি কৰিবা ।
: পৰোঁ বুলি প্ৰেমত পৰা নাযায় ; প্ৰেম অজানিতে হৈ যায় । আশা কৰোঁ  এদিন তোমাৰো হিয়াত মোৰ প্ৰতি প্ৰেম জাগিব ।
:জোৰ কৰি কাৰো ভালপোৱা আদায় কৰিব নোৱাৰি সেয়ে মই কোনোদিনে তোমাৰ প্ৰেম বিচাৰি জোৰ নকৰোঁ । তুমি ভাল নাপালেও মই তোমাক ভালপাওঁ আৰু এনেকৈ ভাল পাই যাম ।
: প্ৰেম যেতিয়া অন্তৰৰ পৰা হয় তেতিয়া চকুৰে নেদেখিলেও দূৰণিত থাকিলেও বা একো কথা নকলেও সকলো কথা অন্তৰ আত্মাই উপলব্ধি কৰিব পাৰে । কাৰণ তুমি মুখ খুলি কোনোদিনে মোক ভালপাওঁ বুলি নক'লেও জানো প্ৰথম দেখা দিনৰে পৰাই মোৰ দৰে তুমিও মোৰ প্ৰেমত পৰিলা । গোপনে গোপনে তুমি মোকেই ভালপোৱা ।
: মই জানো মই যেনেকৈ তোমাক নেদেখিলে অস্থিৰতাত ভূগোঁ তুমিও মোক নেদেখিলে একেই অস্থিৰতাত ভূগি থাকা ।
: তোমালৈ বৰকৈ মনত পৰিছে ; এই সময়ত তুমি মোৰে কথা ভাবি আছা নহয় নে ! তুমিও জানা ,মইও তোমাৰ কথাই ভাবি আছোঁ ।
: এটা কথা কি জানা বৰ মন যায় তোমাৰ মুখৰ পৰা শুনিবলৈ তুমি মোক ভালপাওঁ  বুলি কোৱা । কিন্তু পাম জানো শুনিবলৈ কেতিয়াবা !!
: আস্‌ !!! এবাৰ আহি সাৱতি ধৰি কোৱা না " আই লাভ ইউ " বুলি । মই যে তোমাক কিমান ভালপাওঁ কিমান .......
এনেধৰণৰ প্ৰতিদিনে কিবা নহয় কিবা এটা লিখি ৰীমাহঁতৰ হাতত দি পঠাইছিল । আৰু এই সৰু সৰু কথাবোৰ সিহঁত দুজনীয়ে নানান ৰহণ সানি গল্প বনাই মোক শুনাইছিল । 
দহদিনৰ পাছত ভৰিখন অলপ আৰাম পালোঁ যদিও বেছি ভৰ দি খোজ কাঢ়িবলৈ ভয় লাগিছিল । সেয়ে আৰু দুদিন  বেছিকৈ কলেজ খতি কৰিলোঁ । সম্পূৰ্ণ বাৰ দিনৰ পাছত কলেজলৈ গ'লোঁ । তেতিয়াও খোজবোৰ লাহে-ধীৰে সাৱধানে দিছিলোঁ । সিদিনাই কলেজত আকৌ ঘটিল মোৰ লগত পৰাগকলৈ এটা ঘটনা । 
সোণালী চহৰীয়া নামৰ এজনী অইলৰ উচ্চ পদস্থৰ বিষয়াৰ একমাত্ৰ ছোৱালী । ধনীৰ দুলালী বাবে সৰু-সুৰা মানুহক মানুহ বুলি গণ্যই নকৰে । মডেলিং টাইপৰ ধৰণ-কৰণ ,পিন্ধন-উৰণ , ভাব-ভংগীমা , আচৰণ সকলোবোৰ । দেখাত ধুনীয়া হ'লেও তাইৰ অহংকাৰী স্বভাৱৰ বাবে তাইক কলেজৰ বেছি ভাগ ল'ৰা-ছোৱালীয়েই  বেয়া পায় । তাইৰ ঘৰ পৰাগৰ ঘৰৰ ওচৰতে । সৰুৰে পৰা পৰাগৰ সৈতে একেলগে পঢ়া আৰু পৰাগহঁতৰ ঘৰৰ লগত সিহঁতৰ ভাল সম্পৰ্ক । তাই পৰাগক ভালপাই । কিন্তু পৰাগে ভাল নাপায় । কলেজত পৰাগৰ লগ নেৰে । পৰাগৰ আগে-পিছে তাই য'তেই নহওক থাকিবই । সিদিনা তাই কিবা কাৰণত পিকনিকলৈ নগ'ল । তাই নাযায় বাবে পৰাগকো যাবলৈ মানা কৰিছিল কিন্তু  পৰাগে তাইৰ কোনো কথা মনা নাছিল । তাই কলেজলৈ আহি মই পাহাৰৰ পৰা বাগৰি পৰা পৰাগে মোক বচোৱা আৰু ডাক্তৰৰ ওচৰলৈ অনা-নিয়া কৰা  ,পৰাগে মোক প্ৰ'পজ কৰা সকলো কথা শুনি মোৰ ওপৰত তাই খঙত জ্বলি-পকি আছিল । 
কলেজৰ কেণ্টিনত বহুতো ছাত্ৰ-ছাত্ৰী বহি চাহ খাই কথা পাতি আছিল । তেনেতে মই নিশা , ৰীমা আৰু দুজনীমান কেণ্টিনলৈ সোমাই গ'লোঁ । আমাৰ পাছে পাছে সমৰ , সৌৰভ , নিলয় সিহঁত তিনিও আহিল । সিহঁত আহি আমাৰ লগতে বহিল চাহ খাবলৈ । কেণ্টিনত বহি থকা আন বেষ্টৰ ল'ৰা-ছোৱালীবোৰে মোৰ ভৰিখন কথা খবৰ ল'লে ভাল পাইছোঁ নে নাই । তেওঁলোকৰ লগত দুই-এষাৰ কথা খা-খবৰ কৰি আমি আটাইয়ে চাহ খাব লৈছোঁ । ঠিক সেই সময়তে সোণালী চহৰীয়া আহি কোনো কথা-বতৰা নোহোৱাকৈ কেণ্টিনৰ  গিলাচ এটাত চাহ এগিলাচ বাকি লৈ মোৰ গালৈ চাহখিনি মাৰি দিলে । আমি কোনোৱে এনে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি ভবা নাছিলোঁ । তাইৰ এনে নীচ কাণ্ড দেখি সকলো আচৰিত হৈ বহাৰ পৰা থিয় হৈ ৰ'ল । ৰীমাই এই কিয় মাৰিলি তই বুলি সোণালীক মাৰিবলৈ হাত দাঙি গৈছিল । মই ৰীমা ৰ'বি বুলি কোৱাত একো নকৰিলে । সকলোৱে এবাৰ মোৰ মুখলৈ এবাৰ তাইৰ মুখলৈ চাইছে ।কথাটো কি হ'ল কিয় কৰিলে কোনো একো বুজি নাপালে । মই কিন্তু ভালকৈ বুজি পাইছিলোঁ পৰাগৰ বাবেই তাই এই কাম কৰিলে । মই তাইৰ মুখলৈ চালোঁ খঙত গোটেইজনী ফোঁপাই আছে । গাল-মুখ ৰঙা পৰিছে । 
মই তাইক খং নকৰি ভালকৈ সুধিলোঁ --- কিয় এনে কৰিলা ! মইতো তোমাক একো কৰা নাছিলোঁ । কিবা জগৰ লগাইছিলোঁ নেকি ? যদি মই জগৰ লগাইছিলোঁ তোমাক তুমি মোক মুখেৰে ক'ব লাগিছিল কথাখিনি । এনে কৰি তুমি কি পালা ? 
তাই মোলৈ খঙেৰে চাই চিঞৰি উঠিল ।  হুঁহ , বুজিও নুবুজাৰ ভাও জুৰিছ । তোৰ কি আছে হা ! ধনী ঘৰৰ ল'ৰা দেখি ফুচুলাই চলনা কৰি প্ৰেমত পেলাইছ । বাওনা হৈ চন্দ্ৰলৈ হাত মেলিছ । পৰাগক মই ভালপাওঁ । পৰাগৰ ঘৰৰ লগত আমাৰ ঘৰৰ সমান ৰেংক । পৰাগৰ বাবে মোৰ দৰে ছোৱালী যোগ্য । তোৰ দৰে দৰিদ্ৰ খাবলৈ নোপোৱা পিন্ধিবলৈ নোপোৱা মানুহৰ ঘৰৰ ছোৱালী  কি ভালপাব বুলি ভাবিছ পৰাগে । তাৰ মাক-দেউতাকে পৰাগলৈ মোৰ দৰে ছোৱালী বিচাৰিব । তোৰ দৰে গাঁৱলীয়া অৰ্থ নাইকিয়া ছোৱালীক তাক ভালপাবও নিদিয়ে । সাৱধান কৰি দিলোঁ পৰাগৰ পৰা আঁতৰত থাকিবি । কেতিয়াও চেষ্টা নকৰিবি পৰাগক ভালপাবলৈ । পৰাগকলৈ সপোন নেদেখিবি । যদিহে দেখ তোৰ সপোন সপোন হৈয়ে ৰ'ব । পৰাগ মোৰ , পৰাগক মই কাৰো হ'ব নিদিওঁ আৰু কেনেবাকৈ হ'লেও মই কি কৰিব পাৰোঁ চাই ল'বি । প্ৰচণ্ড খঙত তাই মোৰ ওপৰত  ক্ষোভ উজাৰিলে ।
(ক্ৰমশঃ)
          
আগলৈ...

অঙ্গন: পৃষ্ঠাঃ 15
অণুগল্পঃ
ছাঁ-পোহৰ

মীনাক্ষী ৰায় ডাকুৱা

কাৰো জীৱনৰেই সকলোখিনি কেৱল পোহৰসনা নহয় । মাজে-সময়ে তাত আন্ধাৰৰ ছায়াপাতো ঘটে । কিন্তু সেইবুলি অন্ধকাৰেই জীৱনৰ একমাত্ৰ সত্য নে ? সেয়া কিন্তু নহয় সুচন্দা । সুখ-দুখ, আনন্দ-বেদনা লৈয়েইতো জীৱন, হাঁহি-কান্দোন লৈয়েইতো সংসাৰ । দুখ আছে বুলি আমি আনন্দক অস্বীকাৰ কৰোঁ কিয় ? সুচন্দাই কোনো কথা নক'লে । মাথোন নিৰ্নিমেষে চাই থাকিল অনুজৰ ফালে । অনুজে শান্তস্বৰেৰে ক'লে, "আহাঁ সুচন্দা, আমি দুয়োজনে একেলগে এই পৃথিৱীৰ সুখ-দুখ ভাগ কৰি ল‌ওঁ, জীৱনৰ বন্ধুৰ পথত একেলগে আগুৱাই যাওঁ । জীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ আবেগত সুচন্দাই নিঃশব্দে অনুজৰ কাষলৈ আহি লাহে লাহে তাৰ বুকুত নিজৰ মূৰটো থলে । 
সূৰ্যাস্তৰ সুন্দৰ আবেলি । উন্মুক্ত প্ৰকৃতিৰ বুকুত দুয়ো দুয়োকে বৰ আপোন বুলি অনুভৱ কৰিলে । ঠিক সেই সময়তে মূৰৰ ওপৰেদি এজাক চৰাই মাতি মাতি উৰি গ'ল—পিউ কাঁহা••••••পিউ কাঁহা••••••পিউ কাঁহা... ।

(ফোন নং ৮৭৬১৮৬৫৮৮৫)

অঙ্গন: পৃষ্ঠাঃ 16
নিয়তিৰ দ্ৰষ্টা

ৰীতামণি বায়ন

পাঁচ হেজাৰ টকা! মই ক'ৰ পৰা দিম। চাকৰি কৰিলোঁ বুলি মোৰ নিজৰ সংসাৰ আছে। উপায়হীন নৱনীতাই হাতত পিন্ধি থকা সোণৰ খাৰু যোৰ চাই এক তৃপ্তিৰ হাঁহি মাৰিলে। কেইদিনমানৰ পিছত তাই অধ্যাপক নৱনীতা হ'ব। দিন বাগৰিল। ব্যস্ততাৰে ভৰা জীৱনশৈলী। তথাপিও তাৰ মাজত কালি ককায়েকে ফোন কৰি কোৱা কথাটো সম্পৰ্কে আলোচনা কৰিবলৈ তাই আজি ব্যক্তিগত খণ্ডৰ কলেজখনলৈ গ'ল আৰু ককায়েকৰ পুতেকৰ চাৰ্টিফিকেট সমূহ প্ৰিন্সিপালক দেখুওৱাৰ লগতে চাকৰিটো সম্পৰ্কে কথা পাতি ককায়েকে কলেজখনলৈ আগবঢ়োৱা মোটাধনৰ অংকটোও আগবঢ়ালে।

(ঠিকনাঃ বৰপেটা)

অঙ্গন: পৃষ্ঠাঃ 17
অভাৱ

দীপাঞ্জলী তালুকদাৰ

বাতৰিকাকতত ডাঙৰকৈ লিখা শব্দবোৰ সি পঢ়িব নোৱাৰে। বন্ধুজনে পঢ়ি শুনোৱা বাতৰিকাকতৰ মূল্যবৃদ্ধি শব্দটো শুনি সি আতংকিত হৈ পৰে!
"দামী ভাষণটো ৰেকৰ্ডিং শুনিব পৰা ব্যৱস্থা কৰিব নোৱাৰিনে ?" সি ভোৰভোৰাই উঠিল।

(ধীৰেণপাৰা, গুৱাহাটী)

অঙ্গন: পৃষ্ঠাঃ 18
ঈশ্বৰৰ ঠিকনা

ছেয়দা অঞ্জুমা আৰা হুছেইন

নিলীমাই পুৱতিনিশাই খিৰিকীখন খুলি দিলে ৷ নিয়ৰসনা চেঁচা বতাহ এজাক হুৰমূৰাই সোমাই আহি নিলীমাৰ গালে-মুখে চুই গ’ল ৷ মনটো কিবা পাতল পাতল লাগিল তাইৰ ৷ খিৰিকীৰ কাষত থিয় হৈ থাকিয়েই বিচনাখনলৈ চাই পঠিয়ালে ৷ প্ৰিয়াংশু এতিয়াও গভীৰ নিদ্ৰাত ৷ তাৰ কোমল সপ্ৰতিভ মুখখন দেখি তাইৰ মনটো সুখেৰে ভৰি পৰিল ৷ তাৰ নিষ্পাপ মনটোৰ দৰেই ধুনীয়া সি ৷ নিলীমা দাস পৰিয়ালৰ ছোৱালী যদিও মাক-দেউতাক আৰু পৰিয়ালৰ বহুতৰে হকা বাধা নুশুনি প্ৰয়াংশু শৰ্মাই নিলীমাক মন্দিৰতে বিয়া পাতি নিজৰ জীৱন সঙ্গী কৰি আনিলে ৷ তাৰ এটাই যুক্তি “মানুহৰ জন্মৰ ৰহস্য সকলোৰে যিদৰে একেই, মৃত্যুৰ পিছতো সেই একে দৰেই মাটিতে বিলীন হ’ব ৷ চিকিৎসাৰ বাবে কাৰোবাক তেজৰ প্ৰয়োজন হ’লে যিজন ব্যক্তিৰ পৰা তেজ লোৱা হয় তেওঁৰ ধৰ্ম, ভাষা, জাতি আদি কথা আমি এটা ক্ষণৰ বাবেও চিন্তা নকৰোঁ, চিন্তা নকৰোঁ এজন ভাল চিকিৎসকৰ ধৰ্ম কি ? মাথোঁ চিন্তা কৰোঁ মৃত্যুৰ মুখত থকা আমাৰ আপোনজন যিকোনো প্ৰকাৰেৰে সুষ্ঠ হৈ উঠিব লাগে ৷" তাৰ এই অকাট্য যুক্তিত পৰিয়ালৰ মুখ বন্ধ হৈ পৰিছিল ৷ নিলীমাৰ প্ৰিয়াংশুলৈ মৰম লাগি গ’ল ৷ তাই খিৰিকীখনৰ ওচৰৰ পৰা আহি তাৰ ওচৰতে বহি বৰ মৰমেৰে তাৰ চুলিৰ মাজত হাত ফুৰাই দিলে ৷

অঙ্গন: পৃষ্ঠাঃ 19
উদাসীনতা

জয়ন্ত বৰা

গভীৰ নিশা এটিত  কোঠালীৰ খিৰীকিখন খুলি দিলো । লক্ষ্য কৰিলো এজাৰ জোপা বৰ ধুনীয়াকৈ ফুলি আছে।ফেৰফেৰিয়া বতাহ জাকত হালিজালি নাচিচে। চোতালত হাস্নাহানাৰ মিঠা সুবাস আৰু খৰিকাজাইৰ শুভ্ৰতা - - -তাকে চাই চাই আনমনা হলো । বৰ নিসংগতাই আগুৰি ধৰিলে।বৰ উদাসীন ভাৱ এটাই বুকুত গজালি মেলিলে ।সংগী বুলিবলৈ নিশাৰ আকাশৰ শেঁতা পৰা জোনটো। জোনাকৰ আঁচলত খুলি চাওঁ আহা জীৱনৰ সুখ - দুখৰ টোপোলা ।

অঙ্গন:  পৃষ্ঠাঃ 20
অনুবাদ কবিতাঃ

OZYMANDIAS
(By Percy Bysshe Shelly)

I met a traveller from an antique land
Who said: “Two vast and trunkless legs of stone
Stand in the desert. Near them, on the sand,
Half sunk, a shattered vlsage lies, whose frown,
And wrinkled lip, and sneer of cold command,
Tell that its sculptor well those passions read
Which yet survive, stamped on these lifeless things,
The hand that mocked them, and the heart that fed;
And on the pedestal these words appear:
‘My name is Ozymandias, king of kings:
Look on my works, ye mighty, and dispair!’
Nothing beside remains. Round the decay
Of that colossal wreck, boundless bare
The lone and level sands stretch far away.”

অ’জীমাণ্ডিয়াছ

(মূলঃ পাৰ্চি বী  শ্বেলী, 
অনুবাদঃ প্ৰাণ কৃষ্ণ গোস্বামী)

মই পুৰণি কলীয়া দেশৰ এজন বাটৰুৱাক লগ পাইছিলোঁ
যি কৈছিলঃ “শৰীৰ বিহীন বিশালকায় দুখন শিলৰ ভৰি  
মৰুভূমিখনত থিয় হৈ আছে। তাৰে কাষত, বালিৰ ওপৰত, 
আধা পোতখোৱা, বেয়াকৈ ভগা এখন মুখ, যাৰ খং
আৰু কোঁচ খোৱা ওঁঠ, আৰু কঠোৰ আদেশৰ অৱয়বে
বুজায় যে ইয়াক গঢ়োতাই সেই ভাৱবোৰ ঠিকেই বুজিছিল 
যিবোৰ আজিও জীৱিত, সেই জীৱহীন প্ৰস্তৰত খোদিত হৈ,
হাতে যিবোৰক উপলুঙা কৰিছিল, আৰু অন্তৰে খুৱাইছিল, 
আৰু সেই মূৰ্তিৰ পদস্থলত এই কথাকেইটা লিখা আছিল –
‘মোৰ নাম অ’জীমাণ্ডিয়াছ, সকলো ৰজাৰ ৰজা,
মোৰ কামবোৰ চোৱা, কিমান শক্তিশালী, আৰু হতাশা!’
কাষত একোৱেই নাথাকে। সেই বিশাল ক্ষয়িষ্ণু
ধ্বংশাৱশেষৰ চৌপাশে, সীমাহীন শূণ্যতাত
দিগন্ত প্ৰসাৰী মাথোঁ একাকীত্ব আৰু সমতল বালিৰ পথাৰ।”

(ব্ৰিটিছ কবি পাৰ্চি বিশ্ব্যে শ্বেলী প্ৰাৰম্ভিক ৰোমাণ্টিক কবি গোটৰ এজন মূখ্য সদস্য আছিল।দুৰ্ভাগ্য বশতঃ তেওঁৰ জীৱন কাল নিচেই চুটি আছিল (১৭৯২ৰ পৰা ১৮২২ চনলৈ মাত্ৰ)।তেওঁ কেৱল কাব্য জগততে নহয়, সামাজিক আৰু ৰাজনৈতিক ভাবেও এজন সংস্কাৰবাদী (Radical) লোক আছিল।জন্মকালতকৈ মৃত্যুৰ পিচতহে তেওঁৰ কাব্যিক প্ৰতিভাই সমাদৰ লাভ কৰিছিল।ৰবাৰ্ট ব্ৰাউনিং, থমাচ হাৰ্ডি, উইলিয়াম বাটলাৰ ইয়েট্স আদি কবিসকল তেওঁৰ ৰমণ্যাসিক ভাৱধাৰাৰে বিশেষ ভাবে অনুপ্ৰাণিত হৈছিল।তেওঁ নিজৰ নিচেই চুটি জীৱন কালতে অসংখ্য কবিতা আৰু আন বহু লেখাৰে পৰৱৰ্তী কালৰ বাবে ৰোমাণ্টিচিজমৰ ভেটি সুদৃঢ় কৰি থৈ যায়।)

অঙ্গন:  পৃষ্ঠাঃ 21
কবিতাঃ

স্বাধীনতাৰ ৰ'দজাক  ঢপলিয়াই নাহিল

ৰুদ্ৰ সিংহ মটক

দুটোপাল নিমখীয়া চকুপানী মচি
পেটত  আঁটি  আঁটি  পানী-গামোচা বান্ধি 
ভোকৰ বাট এটাত 
ৰৈ  আছিলো বোন্দা পৰ  দি

সপোন দেখিছিলো কলপতীয়া সুখৰ
স্বাধীনতাৰ ৰ'দ এজাক  ঢপলিয়াই আহিব এই বাটে
শইচ্-গোন্ধোৱা  বতাহে সুহুৰিয়াব উশাহৰ জোনাকত

ৰ'দ নাহিল কোনো দিন
টুনীজাক হুৰাই বতাহ-ধুমুহাও‌ নাহিল
টোপ্-টোপ্ বৰষুণে নক'লে মৌৰঙী বসন্তৰ  
উছৱ-কথা

জুইকুৰা জ্বলি থাকিল  ওৰটো  দিন ওৰেটো  ৰাতি
জ্বলি থাকিল ৰু-ৰুকে ৰঙা তেজত--
কপৌজাকৰ  দেউকাত--
আৰু দ পথাৰত হালি থকা
পকা ধানৰ সোণালী শিপাবোৰত

জীৱনৰ স'তে দিনে-ৰাতিয়ে মৃত্যুৰ  দবৰা-দবৰি ; 
দূৰৈৰ নৈপাৰত সেয়া কাৰ কলিজাৰ চিতাৰ ধোঁৱা !

আকাশ ঢাকি নামি আহিল শগুন এজাক
ডেউকাত এঙাৰ-ক'লা প্ৰাচীন  এন্ধাৰ..

অঙ্গন:  পৃষ্ঠাঃ 22
জীৱনৰ ৰং 

ড০ হৃদয় ৰঞ্জন দাস

কন্টকৰ মাজেৰে কিমান আগুৱায় জীৱনৰথ
কাঁইটৰ খোঁচ্ খাই খাই
বক্ষত আঁচোৰ লগাই,
কঠিন শিলত কটা হৃদয়ে জানো 
অনুভৱৰ ডুবিত ডুব মৰা মৰমৰ উমান পায়,
অথচ বাহঁতফলিয়া হিয়াই
প্ৰণয়ৰ উমাল সান্নিধ্যত সৰগ ঢুকি পায়,
মানৱী জনম ক'তেনো পলাব 
জীৱন থাকে মানে,
এটা প্ৰহৰ দুখৰ ধুমুহা,
এপৰ বেলি সুখৰ বন‍্যা,
স্পৰ্ধা, অনাদৰৰ লেলিহান শিখাত 
বুকুৰ কলিজা অগ্নিদগ্ধ হয়,
প্ৰণয়, আদৰৰ সমীৰণত
হিয়াৰ আমঠু উৎফুল্লিত হয়,
কোনেনো কৰে আহ্বান 
অবাঞ্চিত নিৰাশাৰ উষ্ণ মৰুৰ ধুমুহা,
অপ্ৰাপ্তিৰ বালিয়ৰিত অবাবত
অকালতে পোত যাবলৈ,
এটুপি প্ৰেমৰ গংগাৰ হাবাথুৰি খাই মৰুভূমিত,
হেপেহুৱা মৰমে মাথোঁ মৰম বিচাৰে,
ক্ষণভংগুৰ জীৱনে মাথোন প্ৰেম বিচাৰে,
এয়েইতো জীৱনৰ ৰং...

অঙ্গন:  পৃষ্ঠাঃ 23
বিষণ্ণতাত

অজিত বৰা
             
তেওঁ নক'লে কথা
নেগালে এটিও বুকু জুৰোৱা গান
আদবাটতে  নৈখনে বাট হেৰুৱালেনেকি 
নে চিলনী এজনীয়ে আহি 
থপিয়াই লৈ গ'ল বুকুৰ আলসুৱা সাহটো !

বহু এছোৱা আহিলোঁ দেখোন
তেওঁ এতিয়া ক'ত !
পাৰ হৈ গৈছিলনেকি এই বাটেদি কেতিয়াবা
লিখেনে আজিও কবিতা
তেওঁতো নক'লে কথা

শিলনি এডৰা সন্মুখত লৈ 
কবিয়ে কেতিয়াবা বুকুখন ৰ'দত মেলি ধৰে
শিলবোৰে কথা নকয়, হাঁহে

একো নোকোৱাকৈয়ে এদিন গুচি গ'ল 
ক'ত গ'ল তেওঁ !

কবিৰ হাতৰ মুঠিটো ক্ৰমান্বয়ে শিথিল হৈ আহিছে
ভাগৰুৱা হাতখনত শেলুৱৈ গজিছে
শেলুৱৈ গজিলে শিলবোৰ গাভৰু হয়
তেওঁ নক'লে কথা

কবিয়ে নেকান্দে
কবি এতিয়া এডৰা শেলুৱৈৰ ৰখীয়া !

অঙ্গন: পৃষ্ঠাঃ 24
তোমাৰ লাহী দুডালি বেণী

ৰণ্‌জিত গগৈ

তোমাৰ লাহী দুডালি বেণীত
এদিন সপোন আকোঁতে আকোঁতে
কুঁৱলী পিছল বাটৰ উজুটিত
ভৰিৰ নখৰ সূত এৰাৰ
বিষাদময় স্মৃতিয়ে আজিও যেন 
একেই বিষাদৰ সোঁত এটা
বৰকৈ বলে তলে-পুতলে৷

মন ওপচি থকাকৈ
মুকলি নহয় এতিয়া
মূৰৰ ওপৰৰ আকাশ
বহু ভৰত যদিও ভাৰাক্ৰান্ত গোটেই দেহা
সোঁতৰ বিপৰীতে সোঁত এটা বলাই লৈছোঁ যেতিয়া
তেতিয়াতো শুনোতা শুনাওঁতাকনো
কি শুনাই থাকিবা!

হ’লেও সাগৰ অকলেই সাঁতুৰিব লাগিব৷ 
আৰু সাঁতুৰাই থাকিব লাগিব দুচকুৰ সপোনবোৰ
দুচকুত জিলিকাই৷

এই বাটেৰেই এদিন
সপোন জিনিব লাগিব যেনেকৈ আঘোণৰ পকাধানৰ 
পথাৰখন ওপৰেৰে বৈ অহা বতাকজাকত
গৰ্বিত সুগন্ধি বিয়পি থাকে ঠিক তেনেকৈ

এৰি অহা সময়বোৰ কোন ক’ৰবাতে
এৰি আহোঁতেনো কোনেই বা চিকুণাই দিছিল বাট
চোতালৰ দূবৰি বনৰ

আমিতো খাটিখোৱা মানুহে
খুঁটি খাবলৈ শিকিবই লাগিব
লাজ-বিজ, ভয়-ভীত দূৰতে হুৰাই
বিৰদি বাট এটা  বলাই ল’ব লাগিব
যি বাটত যি খোজৰ ছাপ
একান্ত  নিজাকৈ পৰিব
যেন দেহা হিয়ালি-জিয়ালি হৈ পৰাৰ দৰে৷

আশাৰ সিপাৰে
কোনো গঢ়িদিব ওঁঠত ভাষাৰ গড়
দ’ পথাৰত দল টানি থাকোঁতে 
কৰঙত চেলা-পেটী জোক লগাৰ দৰে
গা সিৰ্‌সিৰাই উঠে অজানে-নিজানে৷ 

এতিয়াও মনত পৰে 
তোমাৰ লাহি দুডালি বেণীত
এদিন সপোন আকোঁতে আকোঁতে
ধুঁৱলী-কুঁৱলী হৈ পৰা মোৰ 
ধূসৰ দিনৰ পাণ্ডুলিপি কেনেকৈ 
এই যুৰি চকুৰ পতাতে এদিন উৱলি গ’ল৷

অঙ্গন: পৃষ্ঠাঃ 25
জীৱনে জীৱন দিয়ে

(সংগীতজ্ঞ শ্ৰদ্ধাৰ ৰমেন বৰুৱা দেৱলৈ )

জেপোলিন ৰাজকুমাৰী

এটা সীমনাত 
জীৱনে জীৱন দিয়ে

জীৱনৰ প্ৰয়োভৰ হয়তু বেছি
হয়তু কম হ'ব পাৰে কেতিয়াবা

তথাপি জীৱন সুন্দৰ
নিজৰ সীমনাত

এই পথ কেৱল আপোন হৃদয় লগ্ন

জীৱনে জীৱনক সুখী কৰে
যদি জীৱনে জীৱনক চিনি পায়

মাজতো ঘন্টা বাজে
মাজতো বেল পৰে
মাজতো চৰম সীমা অতিক্ৰম কৰে

তথাপি এৰি নিদিয়াৰ
এৰি নোযোৱাৰ প্ৰতিশ্ৰুতি

এই জীৱন ৷৷

অঙ্গন: পৃষ্ঠাঃ 26
হাতখন মেলি দে

পল্লৱী গগৈ বুঢ়াগোহাঁই

হাতখন মেলি দে,
তোৰ আঙুলিত ভৰ দি
মই পাৰলৈ উঠো।

কেতিয়াবা বৰ উৰুঙা 
উৰুঙা লাগে অʼ।
তোৰ যাদুকৰী 
আঙুলিৰে ঢল হৈ 
নামি আহক পোহৰৰ
সোণ হালধীয়া নৈ।

হাতখন মেলি দে,
মই তোৰ আঙুলিৰ
উমত উভতি চাওঁ সময়।

সন্ধিয়াৰ সতে মিলি যোৱা 
তোৰ লুংলুঙীয়া শূন্যতাবোৰ,
নিস্ফল বুলি জানিও 
প্ৰতিদিনেই চেকি চাওঁ।

হাতখন মেলি দে অʼ মা,,,
জোৰকৈ তোৰ আঙুলিত 
খামুচি ধৰো,
ক'ৰবাত যেন তোক
আকৌ বিচাৰি পাওঁ।

মাকবোৰ আদৰ, 
মাকবোৰ প্ৰতিপল উৎসৱ।
মাকবোৰ সীমাহীন নিৰাপত্তা।

তোৰ হাতখন মেলি দে,
মই আকৌ নিৰ্ভয়েৰে 
উলাহৰ বৰষুণত 
জুৰুলি-জুপুৰি হৈ তিতো।

(কলেজ ৰʼড, আমগুৰি।)

অঙ্গন: পৃষ্ঠাঃ 27
খোজ

ৰাজেন বৰা

হাবিতলীয়া লুংলুঙীয়া বাট
বাঁহতলীয়া বাট
বঁকিয়া ফলা বেঁকা বাট
বাৰিষাৰ বোকা ফেনেকা গৰুবাট
কেঁচা বাট, পকা বাট
ওখোৰা-মোখোৰা বাট
তেল দিলে পিছলা পিৰিচ পিলেট যেন বাট
বাট ,বাট কত বাট
ভাল বাট ,বেয়া বাট
পোন বাট, বেঁকা বাট
সৎ ,অসৎ আৰু কত বিশেষণ বিভূষিত বাট
অতবোৰ বাট
অথচ কোনো বাটেই খোজ কাঢ়িবলৈ নিশিকায়
খোজেহে বাটকটীয়া বাটৰ
খোজ সদায় বাটৰ আগত
এই সহজবোধ্য কথাটোকে পাহৰি
পথৰ অপেক্ষাৰত মানুহ
বাট এটা পালেই বাটবুলিবলৈ অনেক মানুহ
নতুনকৈ বাট কটা খোজ এটাৰ সততে অভাৱ
মই নেমানো খোজে পিষ্ট কৰে পথ
বৰঞ্চ খোজে খোজে বাট
খোজে মসৃণ কৰে বাট
পদে পবিত্ৰ কৰে পথ
অথচ পদপিষ্ট বুলি পথলৈ সহানুভূতি
খোজ হয় নিখোঁজ
বাট গঢ়া খোজবোৰ এদিন বাটত হেৰায়
ৰং ৰহণ ,পুষ্টি পৰিচৰ্যাৰে
লুংলুঙীয়া বাট এদিন চিকচিকিয়া পিট্‌চ হয়
পথ পদপিষ্ট নহয়
পথ পবিত্ৰ হয়
পথ পাথেয় হয়
খোজ হয় নিখোঁজ...

অঙ্গন:  পৃষ্ঠাঃ 28
আহিনৰ বাঁহী

মনালিছা শইকীয়া

সেউজীয়া পথাৰত
আহিনে বজালে লাহিকৈ বাঁহী
পদূলিত সৰিল শেৱালিৰ পাহি

চাপৰিৰ টঙি ঘৰত
ৰৈ ৰৈ বাজিছে যুৰীয়া পেঁপা
ৰিব ৰিব বতাহত উপঙি আছে 
শিমলু তলৰ গৰখীয়া সবাহৰ
গাখৰতী ধান যেন মৌ সুগন্ধি মাত এটা

ভটিয়াই যোৱা মেঘৰ বুকুত
বাৰিষাৰ অলেখ ৰাগ-বিৰাগ 

আমাৰ শূন্য দুহাতত 
সন্তৰ্পনে আজিও উলমি আছে 
তাৰেই কিছু অপৈণত ক্ষণভংগুৰতা...

(বোকাখাত)

অঙ্গন:  পৃষ্ঠাঃ 29
সেই যে মৰম বোৰ

জয়শ্ৰী শৰ্মা

হাতেৰে চুই চোৱা নাযায়
মাথোঁ উপলব্ধি হে কৰিব পাৰি
সিহঁতৰ থুনুক থানাক মাত কথাৰে ব্যক্ত কৰা
ভাল পোৱাৰ এনাজৰী
মিঠা মিঠা ৰঙৰ ৰঙীণ কুঁহিপাত মেলি
মৰমৰ ডোলোৰে বান্ধি ৰাখে,

ফুলৰ কলি যেন মুখবোৰ
সুগন্ধি পখিলাই তাত মৌ চুপি
আখৰৰ নমুনা গোটাই ফুৰোঁতে
পাৰ হৈ যায় কিমান যে বছৰ,
ৰৈ যায় মাথোঁ এটি এটি স্মৃতি,

সুন্দৰ অভিনয়ৰ ,
আমিবোৰ যেন ভাওৰীয়া 
তাতেই থাকে বহু সপোন।।
মিঠা মিঠা ৰঙৰ ৰঙীণ কুঁহিপাত,
সঁচাকৈ আকৰ্ষণীয়,

মাথোঁ উপলব্ধি হে কৰিব পাৰি,
মৰম ভাল পোৱাৰ এনাজৰী,
এনেকৈয়ে ।।।

(নলবাৰী, অসম)

অঙ্গন: পৃষ্ঠাঃ 30
আবেলি 

বিজয়া গগৈ

আবেলিটো সজাবলৈ কোনো ৰঙৰ প্ৰয়োজনেই নাই।
    
সূৰ্যাস্তৰ হেঙুল হাইতালে
দীপ্তি চৰাই আমাৰ মধুৰ আলাপৰ।

ৰূপালী বৰণ পিন্ধা তোমাৰ 
কেশ বিন্যাসে
তুলি ধৰে মোৰ
চানি পৰা দুচকুৰ পটা।

তোমাৰ সন্ধ্যা আৰতিৰ 
সঙ্গীতময় ব্যঞ্জনাই
পূৰ্ণ কৰে আমাৰ যত 
মঙ্গলময় বাসনা।

ব'লা হেৰা যাওঁ আগুৱাই 
সন্মুখত সমাহিত 
দিগবলয়ৰ আভা
চোৱাচোন 
কেনে মোহনীয়া!

কেতপৰ আছে বাকী
ডুবিবলৈ বেলি
নাই নকৰোঁ আজি লৰালৰি
এই সঙ্গ কোনোবা দিনা 
পাম জানো ইহ মৰতত বিচাৰি ?

(ফোনঃ ৯১০১৪৭৮৭৩৩)

অঙ্গন: পৃষ্ঠাঃ 31
বিদায় বুলি নক'বা বন্ধু

ৰুমী চাংমাই

বন্ধু, এনেকৈয়ে যাওঁ বুলি যাবাগৈ নে তুমি
একো কথাই দেখোন পতা নহ'ল
কিমান কি যে কথা আছিল---
তোমাৰ শৈশৱৰ ধূলি-বালি খেলাৰ পৰা
কৈশোৰত দুচকুত সপোনৰ মোহাঞ্জন আঁকি
কল্পনা বিলাসলৈকে
যৌৱনত তোমাৰ বুকুত থিতাপি লোৱা
কাৰোবাৰ স্থায়ী ঠিকনাৰ পৰা
ভৱিষ্যত পৰিকল্পনালৈকে
বহু কথাই থাকি গ'ল---

কবিতা ভালপোৱা তুমি
নদীৰ পাৰত বহি সূদূৰ দিগন্তত দৃষ্টি নিৱদ্ধ কৰি
প্ৰণৱ বৰ্মনৰ কবিতা শুনিবলৈ দেখোন থাকিয়ে গ'ল
নদীৰ বুকুত আকাশৰ নীলাৰ ধেমালি চাই চাই
গান এটা গুণগুণাই শুনাবলৈচোন থাকি গ'ল
আৰু বহু কথা, আৰু বহু কথাই থাকি গ'ল পাতিবলৈ
নিৰ্বাচনৰ ৰমৰমীয়া আলোচনাৰ পৰা
মাৰ হাতৰ খাৰ দিয়া আঞ্জাখনলৈকে
বহু কথাই থাকি গ'ল
আচলতে একো কথাই পতা নহ'ল
ধেৎ চাল্লা, এনেকৈয়ে গুচি যাবানে 
একো নোকোৱাকৈয়ে
এবাৰতো কৈ যোৱা ইঞ্জিনিয়াৰিং কলেজৰ
হোষ্টেলৰ ৰূমত কিমান চিগাৰেটৰ শৰাধ পাতিলা
এবাৰতো কৈ যোৱা কোনজনী ছোৱালীৰ কোনটো কথাই
চঞ্চল কৰি তুলিছিল তোমাৰ হৃদয়ৰ 
গোপন কোঠালিৰ শান্ত বতাহ
ক'বানে বন্ধু কোন গৰাকী মেমৰ ক্লাছত
ঘড়ীৰ গ্লাচৰ পোহৰ পেলাই কৰিছিলা আমনি
হাঃ হাঃ হাঃ তুমি ছাগে ভাৱিছা
কি যে পাগল
নাযাবা না---চাবা যাবৰ সময়ত থমকি ৰ'ব তোমাৰ দুভৰি খন্তেকলৈ
ঠিক লখিমী পাৰ কৰি ওলাই যাবলৈ লৈ থমকি ৰোৱা কইনাজনীৰ দৰে
কিন্তু তুমি যাবাই
 যাবই যে লাগিব
কৰ্তব্যৰ মেৰপেচত আৱদ্ধ তুমি

হ'ব দিয়া সময়ে যদি কয় লগ পাম কেতিয়াবা
ভোগদৈৰ পাৰত 
বালিত বহি পাতিম আকৌ থাকি যোৱা কথাবোৰ
তথাপি বিদায় বুলি নক'বা বন্ধু
বিদায় মানেই যে এবুকু
বিষাদ...!

অঙ্গন: পৃষ্ঠাঃ 32
আন্ধাৰত এখন মুখ

দ্ৰোণা চাৰ্য্য হাজৰিকা

প্ৰতিনিয়ত
কাড়শলা সাপৰ দৰে ঘনঘোৰ
কলা দীঘল ৰাতিত হেঁপাহৰ শতেক 
পাৰিজাত সৰে

দুৰৈত বাঁহীৰ আকোল সুৰ ৰিণি ৰিণি 
ভাটিয়লি সুৰ এটি ভটিযায় আহে 
ঘূমতি লুকায় হেৰায়
তিতি বুৰি জুৰুলি জুপুৰি
গৰ্ভত গৰ্ভপাত এপৃথিৱী অৱগুঠিত খবৰ 
নিসঙ্গতাত আউলি-বাউলি শেতেলি মূৰ 

প্ৰতিনিয়ত
কাড়শলা সাপৰ দৰে ঘনঘোৰ
কলা দীঘল ৰাতিত হেঁপাহৰ শতেক পাৰিজাত সৰে 

দুৰন্ত গতিশীল
গা-গছ ডাল পাত ৰংচোৱাল তেজ 
উথলি উতলি
ধুৱঁলি কুৱঁলি পথ পাৰ
দশোদিশত বিয়াগোম এন্ধাৰ

প্ৰতিনিয়ত
কাড়শলা সাপৰ দৰে ঘনঘোৰ
কলা দীঘল ৰাতিত হেঁপাহৰ শতেক  পাৰিজাত সৰে।

ককৰাতলি, ৰে'ল পাৰা 
ডাকঘৰ- তালাপ 
তিনিচুকীয়া

অঙ্গন: পৃষ্ঠাঃ 33
সেই সময় এই সময় 

পৰীস্মিতা পৰাশৰ

মানি যেন ল'ব পৰা নাই
এনে সলনি...

হয়...

তেতিয়াৰ শব্দৰ দাম আছিল...
এতিয়া শব্দবোৰেও বিধবাৰ সাজ পিন্ধি মৌন হৈ ৰ'ল..!!

 নিশাৰ কোলাত কিহে মৌনতা ভাঙি মেৰমেৰনি লৈছে...?

 হয়তো প্ৰশ্নবোৰে উত্তৰ বিচাৰি দিগবিদিক হেৰুৱাইছে..

গতিশীল জোনটোৰ জোনাকবোৰ ম্লান পৰিছে..!!

তেতিয়া keypad phoneত S লিখিবলৈ চাৰিবাৰ টিপিও বিৰক্তি নোপোৱা
এতিয়া যেন Blue tickৰ অপেক্ষালৈ সময় তাকৰ...!!

ভাবনাবোৰে এতিয়া বাৰুকৈ বিষত ভুগিছে...
ঔষধৰ নাটনিত 
সৰ্বোত্তম সমাধিৰ যোগাৰ চলিছে..!!

এৰা....
সচাঁই সময়বোৰ সলনি হৈছে...!!

অঙ্গন: পৃষ্ঠাঃ 34
কবি

মামণি ডেকা

তুমি কবি
অনুভৱৰ হালুৱা
আৰু মই সেই দুখী
পাঠক
কবিতাত কেৱল
বিচাৰি ফুৰো
মোৰ প্ৰিয় নদী
প্ৰিয় পথাৰ
আৰু মোৰ প্ৰিয় 
এটি জিঞা 
উৰি ফুৰা...!

অঙ্গন: পৃষ্ঠাঃ 35
কেনে আছা !

অঞ্জলি দত্ত
               
খবৰ নোপোৱা বহু দিনেই হ'ল
সোঁৱৰণিৰ কেইটামান পৃষ্ঠাই
আজি তোমালৈ বৰকৈ মনত পেলাই দিলে
কেনে আছা বাৰু 
বকুল গোন্ধোৱা সন্ধিয়া এটি মোৰ চকুয়েদি
অহা যোৱা কৰিলে ।
মই সুগন্ধি বিচাৰি খেপিয়াই চালো 
শৈশৱ ভৰা আদৰৰ অতীত জেউতি 
ৰাতিপুৱাৰ উমাল ৰ'দ জাকৰ মিঠা হাঁহি
কপৌ দুটিয়ে কিমান যে মৰম সানে 
তোমাৰ জানো মনত নপৰে
য'ত তোমাৰ শৈশৱ কৈশোৰ জান জুৰি হৈ নিগৰে
ব্যস্ততাৰ দৌৰত মানুহে মানুহক পাহৰে এৰি চালে
মনত পেলাবলৈও ব্যস্ততা লাগে 
মই ভালেই আছোঁ, কিন্তু তুমি 
ৰঙা অশোক জোপা বৰকৈ ফুলিছে
তাতেই জিৰাই লৈছোঁ মই

ৰাধাচূড়া জোপাৰ তলত বহানে তুমি
তাৰ গোলপীয়া খিনি চুই চাবলৈ
সঁচাকৈ তোমাক ধুনীয়া দেখি 
নতুনকৈ সাজি-কাচি ওলাবলৈ মন যায় মোৰো 
ইমান ধুনীয়া লাগিছে তোমাক আজি  
তুমি নুসুধিলে একো বেয়া নাপাওঁ 
মই সুধিছোঁ কেনে আছা তুমি ???

অঙ্গন: পৃষ্ঠাঃ 36
শৈশৱক সুঁৱৰি

ময়ূৰী বৰা

কথা পতা তোমাৰ সতে বহু দিন পাৰ হল
নাহা নেকি নদীৰ পাৰলৈ সদলবলে?
বাট চাই আছো নদীৰ সিৰলুত 
গুনাগঠা কৰি সেই দিনবোৰ সোঁৱৰি
গুচি গলা বহু দুৰলৈ ঘুৰি নহাৰ বাটেৰে
মনত নপৰেনে এই নদী খনৰ কথা?
নদীৰ পাৰৰ বালিয়া বগৰী জোপাৰ কথা
কুঁহিয়াৰ বাৰী সোমাই কুঁহিয়াৰ খোৱাৰ কথা
আৰু যে কত কি নকৰিছিলো নহয়
ৰবাৱ টেঙাৰে ফুটবল খেলোতে 
তুমি যে বাগৰি পৰিছিলা
হাঁহোতে পেটটো বিষাই গৈছিল আমাৰ
পাৰিলে আহিবাচোন এবাৰ
 শৈশৱক হেপাঁহ পলুৱাই চাম
ওচৰৰ পৰা মই চুৰ হম তুমি পুলিচ 
খেদা খেদি কৰিম টাঙ গুটিৰে মুৰ ফালিম
আকৌ এবাৰ আকৌ এবাৰ ।

(দেৰগাঁও)

অঙ্গন: পৃষ্ঠাঃ 37
উদং পথাৰ

বিনীতা শইকীয়া

খোজবোৰ লাহে লাহে দিবা
শেলুৱৈ ধৰা পদুলি,
খামুচি ধৰিবা আঁঙুলিৰে 
নহ'লে পিচলি পৰিবা।

শাওনৰ উদং পথাৰ
বোকা মাটিৰে লিপা সৰু আলি।
চহাই থোৱা আছে উৰ্বৰা মাটি।

সিঁচি দিছোঁ অনুভৱৰ কঠীয়া ডৰা
অংকুৰিত হ'ব আশাৰ বীজবোৰ 
এদিন বুকুখন সেউজীয়া হ'ব
সোণাৰুবোৰ হালধীয়া হৈ ফুলিব।

নৈবোৰ বৰষুণৰ পানীৰে গাভৰু হ'ব।
উটি যাব ঘৰ মাটি বাৰী।
তথাপিও নৈপৰীয়া হয় তোমাৰ গতিতে ধাৱমান।
নাৱৰিয়াই নাও বাই বাই নপৰে ভাগৰি।

উফন্দি উঠা বাঢ়নী পানীৰ গঢ়া খহনীয়াত
সকলো যায় উটি।
প্ৰাপ্তিৰ প্ৰাচুৰ্য্য সুখবোৰ  অজানিতে
তাতেই হেৰাই যায়।
 
(গোলাঘাট, বনগাঁও)

অঙ্গন: পৃষ্ঠা 38
গৰ্ভৱতী শইচ সন্তান

বলিন বৰদলৈ

হিলদ'ল ভাঙি আহিছে ব্ৰহ্মপুত্ৰ
চুইছে আই অসমীৰ চৰণ।
গড়া খহে মোৰ চিনাকী গড়া
ভাঙে-পাতে কত চাপৰি,
নৈপৰীয়া জনজীৱনলৈ আহে
সাঁকো, ভূৰ, নাও, দলং অলেখ স্বপ্ন:
পলসৰ বুকুত গজি উঠে ডকা ফুটা শইচ।
নি:সন্তান ব্ৰহ্মপুত্ৰ
মৃত্যু প্ৰেমৰ অপমৃত্যু।
কালিকা লগা নাওৰ নাৱৰীয়া মাছ
জন্ম-মৃত্যু জীৱন সমন্বয়ৰ সংস্কৃতি বিশাল
ব্ৰহ্মপুত্ৰ মোৰ ওপজা গাঁৱৰ নিচেই কাষত, 
বুকুৰ মাজত আমি প্ৰতিপাল কৰোঁ  
গৰ্ভৱতী শইচ সন্তানৰ 'মা'ক।
হালেজালে দুপৰ নিশা লাই হালে-জালে গীত গায়
খুলি দিয়ে গিয়ানৰ বাট
হাঁহি চকুলোৰ কত গংগাজল
বানত ধৰাশাৰী শইচ জলমল টলমল।

(আলামি, গোলাঘাট
ফোনঃ ৯৪০১৮৭৬৭২৮)

অঙ্গন:  পৃষ্ঠাঃ 39
গল্পঃ

নিৰাপত্তা হীনতা

দিব্যা দত্ত, যোৰহাট

"মই যাওঁ মুনু ভালকৈ থাকিবা। চাওঁ আহাঁচোন ওচৰলৈ।"
"অঁ যোৱা" বুলি ক'বলৈ তাইৰ মাতসাৰ থোকাথুকি হ'ল।
"আকৌ এসপ্তাহ মূৰতহে লগপাম ,এৰি যাবলৈকে মন যোৱা নাই।"
"ওম মোৰো। তোমাক এটি কথা ক'বলৈ আছিল।"
"কোৱা দেহা"
"নাই থাকক দিয়া পাছত ক'ম কেতিয়াবা।'
"দাদা ওলাই আহ আকৌ , মোৰ দেৰি হৈছে, ইমান দেৰি কি কৰিছ..?"
গধুৰ মন এটি লৈ সি ভায়েক অজয়ৰ বাইকত বহিলগৈ।
অভয়ক গাড়ীত তুলি অজয় লৰালৰিকৈ  উভতি আহিল।তাৰ একমাত্ৰ লক্ষ্য ঘৰত অকলে থকা বৌৱেক মুনু ।ককায়েক অভয় বৌৱেকৰ কাষত থকা সময়খিনি তাৰ বাবে অসহনীয়। মনে মনে বৌৱেকৰ কাষত নিজৰ উপস্থিতি কামনা কৰি সি শিঁহৰিত হৈ উঠে ।
: বৌ ভাত খালানে.. অকলে ৰুমত কি কৰিছা, দাদালৈ মনত পেলাই কান্দি আছা নেকি..? পাছফালৰ পৰা সি বৌৱেকক ককালত সাৱটি ধৰিলে।
: হেই কি কৰিছা, চাওঁ এৰি দিয়া এইবোৰ মই ভাল নেপাওঁ।
: নাই মই তোমাক এনেয়ে ধেমালি কৰিছোঁ। বাদ দিয়া, আহাঁ ভাত খাওঁগৈ।
: অ' মোৰ ভাত খাবলৈ মনেই যোৱা নাই। তোমালৈ হট্‌কেচত ভৰাই থৈছোঁ, খাই লোৱাগৈ যোৱা।
বৌৱেকৰ গালতে টুকুৰীয়াই... 
:দাদাৰ কাৰণে চিন্তা কৰি থাকিব নেলাগে। মই আছোঁতো.., মোকো অলপ মৰম দিব পাৰা।
: কি কোৱা ধন ! মই তোমাৰ বৌ। তেনেকুৱা কথা নক'বা নেপায়।
: বৌ হ'ল কি হ'ল পিছে..? তুমি মোতকৈ বয়সত সৰু, সেয়ে বাদ দিয়া সেইবোৰ। মা ঘৰত নাই আহানা অলপ মৰম কৰোঁ।
: আৰু একখোজ আগবাঢ়ি নাহিবা কৈ দিছো, তুমি মোক কি বুলি ভাবিছা..? নহ'লে মাক মই কৈ দিম।
: কৈ দিবা মাক কি কোৱা, মই ভয় নকৰোঁ। দাদাৰ দৰে ধুনীয়া ছোৱালী এজনী মোকো লগে। বৌ মই তোমাক বহুত ভাল পাওঁ।
: মাক ক'ম ৰ'বা তোমালৈ ধুনীয়া ছোৱালী এজনী চাই বিয়া কৰায় দিবলৈ।
: নাই নাই মুনু, মোক ধুনীয়া ছোৱালী নেলাগে, মোক তোমাকহে লাগে। লগে লগে সি জোৰেৰে বৌৱেকক সাৱটি ধৰিলে।
: গাৰ জোৰেৰে তাক আতৰাই গালতে ঠাচকৈ একচৰ দি তাই যেনে তেনে আঁতৰি আহিল। ৰুমত সোমাই দৰ্জাখন বন্ধ কৰি দিলে।
সেইদিনাৰপৰা ৰাতি জোৰকৰি তাই শাহুৱেকৰ ৰুমতে শুবলৈ ল'লে।
আওহতীয়া ঠাইত চাকৰি, নতুনকৈ বিয়া কৰোৱা পত্নীক লগত আনো বুলিও আনিব নোৱাৰি অভয়ে একাকিত্বত ভোগে। ৰাতি অকলশৰীয়া সময়ত তাৰ শৰীৰৰ প্ৰয়োজনতকৈ মনৰ তাগিদাহে বেছিকৈ অনুভৱ হয়। তাইলৈ চেৰেং চেৰেংকৈ মনত পৰি থাকে। সকলো বস্তুৰ মাজতে তাইৰ উপস্থিতি অনুভৱ হয়। তাইৰ মুখখন মনত পৰিলে তাৰ বুকুখন হমহমাই যায়।
ঘৰৰ পৰা আহিবৰ সময়ত সদায় সি তাইৰ লগত ভালকৈ কথা এসাৰো পাতিব নোৱাৰে।কিবা এটাই ডিঙিটোত সোপা মাৰি ধৰে। এইবাৰ  আহিবৰ সময়ত মামুনৰ মুখখন দেখি তাইৰ কিবা অসুবিধা হৈছে যেন লাগিছিল। তাই কিবা এটা ক'ব খুজিও যেন নক'লে...!'
তথাপি  তাইক সি নুসোধিলে। তাই যদি মোৰ লগত জোৰকৈ আহোঁ বুলি কয়....!" নাই নাই মাৰ মনত দুখ দি মই নিজৰ সূখৰ কাৰণে তাইক  আঁতৰাই আনিব নোৱাৰো।"
সিফালে...অজয়ৰ মাকে মাকৰ ঘৰলৈ যাবলৈ ওলাই মুনুক ক'লে..
: মুনু মই বহু দিন আইৰ ঘৰলৈ যোৱা নাই। আজি আইৰ ঘৰত বৰসবাহ, মই সৰুবাবাৰ লগতে গৈ দিনটো থাকি ঘূৰি আহিম তুমি অকলে থাকিব পাৰিবানে..? দুৱাৰ ঘৰ ভালকৈ বন্ধ কৰি ল'বা।
: হ'ব মা যাওক, চিন্তা নকৰিব।মই অকলে থাকিব পাৰিম।
প্ৰকৃততে অজয় ঘৰত থাকিলেহে ভয় লাগে। সি  নেথাকিলে অকলে ঘৰত থাকিবলৈ ভয় নেলাগে। অজয় থাকিলেহে মনটো অজান আশংকাত কপি থাকে। 
মাকক মোমায়েকৰ ঘৰত থৈ কিবা কাম আছে বুলি ওঠৰ কিলোমিটাৰ বাট অতিক্ৰম কৰি অজয় হঠাৎ ঘৰ পালেহি। 
: বৌ বৌ মই আহিলোঁ।
: কিন্তু কিয়..?
: তুমি ঘৰত অকলে থাকিলে ভয় কৰা বুলিয়ে মই গুচি আহিলোঁ। এতিয়া আহাঁচোন দুয়ো কথা পাতো।
: অ'.. মোৰ কাম আছিল, এতিয়া কথা পাতিব নোৱাৰিম মই। মা আহিলে তিনিওটা বহি লৈ কথা পাতিম ৰ'বা।
: কিন্তু মই তোমাক ভাল পাওঁ বৌ।
: কি কোৱা অজয়..? মই তোমাৰ বৌ, মই এইবোৰ কথা ভাল নেপাওঁ।
: মই তোমাৰ বাবে ইমান দূৰ ৰাস্তা মাক নোকোৱাকৈ গুচি আহিছোঁ। আহাঁনা অলপ মৰম কৰোঁ। সি বৌৱেকক জপটিয়াই ধৰিলে...
: তাই জোৰকৈ তাৰ বাহুবন্ধনৰ পৰা মুক্ত হৈ তাক 
(ঠাছ ঠাছ দুচৰ দি দিলে।)
: তোমাৰ দাদাক মই বহুত ভাল পাওঁ। আগলৈ এনেকুৱা ভুল যাতে নকৰা, নহ'লে মই তোমাৰ দাদাক কৈ দিম।
: কিন্তু কিয় মুনু..? মই তোমাক বহুত ভাল পাওঁ। বৌ, তোমাক ভৰিত ধৰিছো দাদাৰ আগত নকবা প্লিজ।
: ঠিক আছে নকওঁ বাৰু কিন্তু আগলৈ এনেকুৱা কথা নক'বা।
অভয়ৰ ব্যৱহাৰত অতিষ্ঠ হৈ মুনুৱে শাহুৱেকক আপত্তি দিছিল... "মা ভাইটিয়ে মোক বৌৱেকৰ দৰে ব্যৱহাৰ নকৰে। সি মোক অন্য দৃষ্টিৰে হে চাই। তাক আপুনি বুজাবচোন।" সেইদিনা তাইক অবাক কৰি শাহুৱেকে তাইক কৈছিল... "একো নহয় দিয়া, সিও ডেকা ল'ৰা। ককায়েক নথকাত তালৈয়ো অলপ চাবা...!"
তাই নিৰাপত্তা হীনতাত ভুগিছিল। মাকৰ আসৈ পায় সেই ৰাতিয়েই তাইক সি ধৰ্ষণ কৰিছিল, হাতৰ কাষতে পোৱা পিতলৰ ফুলদানীটোৰে তাই তাৰ মূৰত পূৰ্ণ হতীয়া কোব সোধালে। তেজেৰে তুমৰলি হোৱা দেওৰেকৰ শৰীৰ লৈ এবাৰো উভতি নেচালে তাই। চুবুৰীয়া বান্ধৱীৰ সহযোগত তাৰ পৰা পলাই আহিল। 
অবৈধ সম্পৰ্কৰ বাবে তাই কৰোবালৈ পলাই গৈছে বুলি গিৰিয়েক অভয়ক তাইৰ নিৰুদ্দেশৰ বাতৰি জনোৱা হ'ল। কেয়োফালে তাইৰ বদনামে ৰজনজনাই গ'ল।
সকলোৱে ছি ছি থুই থুই কৰিলে। কিন্তু কি পৰিস্থিতিত তাই ঘৰৰ পৰা নিৰুদ্দেশ হ'ল সেই কথা কোনেও নেজানিলে । হত্যাৰ অপৰাধত দণ্ডিত হোৱাৰ ভয়ত তাই স্বামীৰ কাষলৈ যাব নোৱাৰিলে। পিতৃ গৃহলৈ ঘূৰি যাবলৈয়ো তাইৰ সাহস নহ'ল। নিকট আত্মিয়ই তাইক ইতিকিং কৰিলে।মানসিক ভাৱে তাই বিধ্বস্ত হৈ পৰিল।
কিন্তু তাইৰ প্ৰিয় পুৰুষ  অজয়ে তাইক এৰি দিব নোৱাৰিলে। এদিন সি তাইক বিছাৰি পালে। অলিয়ে গ'লিয়ে ঘূৰিফুৰা অৱস্থাত স্বামী অভয়ে তাইক উদ্ধাৰ কৰিলে। তাইৰ বিধ্বস্ত চেহেৰা দেখি সুধিবলৈ তাৰ সাহস নহ'ল। তাৰ বুকুত সোমাই তাই কান্দিবলৈ ধৰিলে।
"মই  আৰু তাত নেথাকো।"
: তুমি এনে সিদ্ধান্ত কিয় ল'লা মুনু..? মই কি ভুল কৰিছিলোঁ যে মোক এৰি তুমি আঁতৰি ফুৰিছা. ?'
: কাৰণ তোমাৰ মৰমৰ সৰু ভায়েক অজয়...।
অভয়ৰ আৰু বুজিবলৈ বাকী নেথাকিল। নিৰাপত্তাৰ বেহুৰে তাইক সি আবৰি ধৰিলে, ভবিষ্যতে তাইক কষতে ৰখাৰ প্ৰতিশ্ৰুতিৰে তাৰ কাষলৈ ঘূৰাই আনিলে। তাৰ আৰু বুজিবলৈ বাকী নেথাকিল.. চকুত আৰ কাপোৰ আৰি পত্নীক ব্যভিচাৰিণী সজোৱাৰ আৰত তাৰ মৰমৰ ভাতৃ অজয় আৰু জন্ম দাতৃ মাতৃ সেই কথা বুজি পালে।
সি  মুনুক  নিৰাপত্তাৰ আবেষ্টনীৰে ঘেৰি ৰাখিবলৈ নিজৰ কাষলৈ লৈ গ'ল।

অঙ্গন: পৃষ্ঠা 40
সৰ্বে সন্তু নিৰাময়
          
পিংকী শৰ্মা

"আসঃ" 
কেৰাহীৰ গৰম তেলৰ চিটিকনি আহি, হাতত পৰিলত, আলোকৰ ভাৱনাত যতি পৰে। খোলা খিৰিকীৰে বাহিৰলৈ চাই থকা দৃষ্টি আঁতৰাই, কেৰাহীৰ ফালে চাইছে । গৰম তেলত ডুবি, পটলৰ টুকুৰা কেইটা ধৰফৰাই আছে। মাজে মাজে এটা, দুটাকৈ পটলৰ গুটি ফুটি কেৰাহীৰ বাহিৰলৈ উফৰি পৰিছে। তেতিয়াই আলোকৰ কাণত পৰে ফেঁচাটোৰ মাত। আমগছৰ ডালত বহি ফেঁচাটোৱে কুৰুলিয়াইছে। এমাহ আগত সেই একেডাল ডালত বহি যিদৰে কুৰুলিয়াইছিল ! ঠিক এনেকৈয়ে । গেছটো বন্ধ কৰি খিৰিকীৰ ওচৰলৈ গ'ল আলোক। সামান্য মেলা খিৰিকীখন ভালকৈ মেলি দিছে। নিশাৰ আকাশৰ চন্দ্ৰয়ে মেঘৰ আঁৰত লুকা-ভাকু খেলিছে। 
চাৰি নম্বৰ ঘৰটোৰ খিৰিকীখন এমাহ ধৰি বন্ধ হৈ থাকে! কেৱল খিৰিকী খনেই নে ? কোঠাটোৱে বন্ধ হৈ আছে! প্ৰত্যেক ৰাতিপুৱা খিৰিকীৰ ওচৰত ৰৈ থকা সময়তে দেখিছিল, তাইক । অৰ্থাৎ কিমায়া । ৰাতিপুৱা কিমায়াই খিৰিকীখন খোলালৈ, ৰৈ থাকিছিল আলোক । খিৰিকী খুলি দিয়া মাত্ৰকে প্ৰত্যক্ষ কৰিছিল, ধুনীয়া মুখখন । প্ৰতিদিনেই স্বতঃস্ফূৰ্ত ভাৱে হুমুনিয়াহ এটা সৰে আলোকৰ শ্বাস নলীৰে। ৰাতিপুৱা খিৰিকীখন খুলিয়ে কটাক্ষ চাৱনিৰে, আলোকৰ ফালে চাইছিল কিমায়াই । প্ৰত্যক্ষ কৰিছিল আলোকে, কিমায়াৰ ৰক্তাক্ত চকুযুৰী । টোপনিৰ আৱেশত জাপ খাব খোজা চকুযুৰী , জোৰকৈ মেলি ৰখাৰ সম্পূৰ্ণ চেষ্টা কৰিছিল কিমায়াই ।  খিৰিকীৰ চৌকাঠত আউজি থিয় হৈ, চাহৰ কাপত চুমুক দিছিল কিমায়াই । দৃষ্টি নিবদ্ধ হৈ ৰৈছিল পাছফালৰ আম গছজোপাত । অপলক দৃষ্টিৰে গছ জোপাৰ ফালে চাই, গভীৰভাৱে যেন অন্যমনস্ক হৈ ৰৈছিল । কিমান সময়লৈ তেনেকৈ ৰৈছিল, আলোকে নাজানিলে । সোধাও নহ'ল ! সেই সময়ত, সময়ে সোঁৱৰাই দিছিল,
"কৰ্মক্ষেত্ৰলৈ যাব লাগে।"
অলপ জোৰকৈ গলহেকাৰিটো মাৰি, খিৰিকী বন্ধ কৰিবলৈ সাজু হৈছিল আলোক । তেতিয়ায়ো, চাহৰ কাপটোত শোহা মাৰি, কটাক্ষ চাৱনিৰে কিমায়াই আলোকৰ ফালে চাইছিল ! লাহেকৈ, খিৰিকী বন্ধ কৰা সময়ত আলোকৰ দুই ওঁঠত বিৰিঙিছিল হাঁহিটো । 
বন্ধৰ এদিন, পাচলি বজাৰ কৰি হোৱা পিছত উভতি অহা সময়তে কিমায়াৰ সৈতে মুখামুখি হৈছিল । চিৰিৰে ওপৰলৈ উঠি গৈ থকাৰ বিপৰীতে, তাই চিৰিৰে তললৈ নামি আহি আছিল । প্ৰসাধনৰ প্ৰলেপ মুখখণ্ডলত সানি, অন্য এজনী কিমায়া যেন সাজি -কাছি ওলাইছিল । সদায় ৰাতিপুৱা প্ৰত্যক্ষ কৰা উখহা, ৰক্তাভ চকুযুৰী সম্পূৰ্ণ বেলেগ আছিল ।
ডাঠকৈ কাজল সানি বৰ মায়াবী কৰি তুলিছিল যেন চকুযুৰী । ৰাতিপুৱা ভাগৰুৱা যেন লাগি থকা, সেই নাৰী যেন কল্পনাৰ জগতৰ কোনো অপেশ্বৰী । দুই ওঁঠত হাঁহি বিৰিঙাই চিৰিৰে নামি আহি আছিল, অনিন্দ্য সুন্দৰী নাৰী । অপলক নেত্ৰেৰে তাইৰ ফালে চাই থমকি ৰৈছিল আলোক । ক্ৰমে ওচৰলৈ আহি আছিল কিমায়া  । কটাক্ষ চাৱনিৰে আলোকৰ কাষেৰে পাৰ হৈ যোৱা সময়তে, আলোকৰ বাউসিত খুন্দা লাগে কিমায়াৰ বাউসি। অচিনা শিঁহৰণত জিকাৰ খাই উঠিছিল আলোকৰ শৰীৰ । আলোকৰ হাতৰ পৰা মোনাটো সৰি পৰিছিল। মোনাৰ পৰা ওলাই চিৰিৰে বাগৰি গৈছিল দুটা আলু । সম্বিৎ ঘূৰাই পোৱাৰ দৰে আলোকে, মূৰটো জোকাৰি তৎক্ষণাত মোনাটো উঠাই লয়। মূৰতুলি সন্মুখলৈ চাওঁতে প্ৰত্যক্ষ কৰিছিল আলোকে ! কিমায়াই এখন হাতত আলু দুটা লৈ, আলোকৰ ফালে আগবাঢ়ি আহে !  কিমায়াৰ হাতৰ পৰা আলু দুটা লোৱা সময়তে, আলোকে  ধন্যবাদ জনায় । ঈষৎ হাঁহি তাই দুচকু পলক জপাই, কোমলকৈ কৈছিল।
: খুন্দা লগা বাবেই পৰি গ'ল ! তাৰ বাবে ক্ষমা কৰিবা । 
: নাই , একো নাই ।  
উদ্বিগ্ন হোৱা বাবেই হয়তো, আলোকে অলপ খোকোজা লগাকৈ কৈছিল । ঈষৎ হাঁহি কিমায়া পুনৰ চিৰিৰে নামিবলৈ সাজু হয় । আৰু, তেতিয়াই অতৰ্কিতে কৈ পেলাইছিল আলোকে । 
: মোৰ নাম আলোক ! সদায় দেখো তোমাক । অথচ এতিয়াও চা-চিনাকি হোৱাই নাই ! 
: কিমায়া ।  
"কিমায়া !" মনৰ মাজতে আলোকে উচ্চাৰণ কৰি, অজানিতে মিচিকিয়ায়। খৰখোজে আঁতৰি যোৱা কিমায়াৰ ফালে অপলক দুনয়নেৰে চাই ৰৈছিল আলোকে । ঠাইখিনিত ৰৈ গৈছিল, পাৰফিউমৰ এক মিঠা সুবাস । দীৰ্ঘ শ্বাস এটা টানি, চিৰিৰে ওপৰলৈ উঠি যায় আলোক ! মনত দোলা দি যায় কিমায়াৰ মুখখন ।  
প্ৰতিদিনে ৰাতিপুৱা খিৰিকীৰ ফ্ৰেমত ভেজা দি ৰোৱা, কিমায়াৰ ফালে স্মিত হাঁহিৰে চাই থাকে আলোকে । বন্ধৰ দিনটোত প্ৰায়েই সেই নিৰ্দিষ্ট সময়ত, চিৰিৰ ওচৰত ৰৈ থাকে আলোক ! কিমায়া সেই সময়তে, সাজি কাছি ওলাই আহে । চিৰিৰ কাষত ৰৈ থকা আলোকৰ ফালে চাই, ঈষৎ হাঁহিৰে আঁতৰি যায় । সেইদিনা, পৰস্পৰে পৰস্পৰক নিজৰ নাম কৈ হোৱাৰ পিছত যে, একো কথাই হোৱা নাছিল । আলোকে কথা পাতিবলৈ সাজু হৈয়ো ৰৈ যায় । কি কথা পাতিব ? তদুপৰি, কিমায়াৰ যেন প্ৰায়েই পলম হয় । বেগাবেগিকৈ খোজ কাঢ়ি আঁতৰি যায় । হুমুনিয়াহ সৰে আলোকৰ নাকেৰে ।  কিমায়াৰ সৈতে আৰু কথা পতা নহ'ব নেকি ? আলোকৰ মনৰ মাজতে উদ্ভৱ হয়  প্ৰশ্নটো ! 
সহকৰ্মী তথা বন্ধু দৃশ্যমৰ বাৰ্থডে পাৰ্টিৰ পৰা ৰুমলৈ উভতি যাবলৈ সাজু হয় আলোক ! অনিচ্ছসত্বেও, দৃশ্যমৰ জোৰত, বিলাতী সুৰা অলপ সেৱন কৰিছিল আলোকে । পাতলীয়া নিছাই আৱৰি ৰাখে যেন, আলোকক। নিশা এঘাৰ বাজো বাজো হৈছিল বাবেই হয়তো, সেইদিনা পথত বাহন নেদেখিলে আলোকে। ভাগৰুৱা নিশ্বাস এৰি, পথৰ দাঁতিত অলপ সময় ৰৈ দিয়ে । কিছু সময় পিছতে দূৰৈৰ পৰা অ'টো এখন অহাৰ উমান পাই , হাতৰ ইংগিতেৰে ৰখায় অ'টোখন । অ'টো ৰখোৱা মাত্ৰকে, আলোকে অনুমান কৰে ভিতৰত যাত্ৰী এগৰাকী বহি আছেই । শ্বেয়াৰ কৰি যাত্ৰা কৰিব লাগিব । লক্ষ্য স্থানৰ বিষয়ে আলোকে কোৱা মাত্ৰকে, চালকজনে মূৰটো অলপ বাহিৰলৈ উলিয়াই আলোকক জনায় যে ! আধা বাটলৈহে তেওঁলোকক আগবঢ়াই দিব পাৰিব । তাৰ পৰা তেওঁলোকে নিজেই ব্যৱস্থা কৰিব লাগিব । অস্বস্তি প্ৰকাশ কৰে যদিও, আলোকৰ হাতত অইন উপায় নাছিল । নিশা বহু দেৰি হয় ইতিমধ্যে ! পিছলৈ ৰৈ থাকিলে যদি কোনো বাহনেই নাহে ? অৱশেষত মানি লয় আলোকে । দুৱাৰখন খুলি অ'টোখনত বহিবলৈ সাজু হোৱা মাত্ৰকে এপলক ৰৈ যায় আলোক । 
: কিমায়া !
স্বতঃস্ফূৰ্ত ভাৱে আলোকৰ মুখেৰে বাহিৰ হয় । বিপৰীতে কিমায়াই মুখখন খিৰিকীৰ ফালে ঘূৰি লৈ, নম্ৰসুৰে আদেশ দিয়ে যেন । 
: বহি লোৱা ! দেৰি হোৱা নাই জানো ? 
মূৰ দুপিয়াই, আলোক বহি লয়। অ'টোখনৰ ঘেৰ ঘেৰ শব্দৰ বাদে অইন একো মাত শুনিবলৈ পোৱা নাছিল । মাজে মাজে আঁৰ চকুৰে কিমায়াৰ ফালে চাইছিল আলোকে । এবাৰলৈও তাৰ ফালে ঘূৰি চোৱা নাছিল কিমায়াই । এসময়ত অ'টোখন ৰাখিলত আলোক আৰু কিমায়াই নামি লয় । কিমায়াই বেগ খুচৰিব লোৱা মাত্ৰকে, আলোকে তাইৰো ভাড়াটো দি দিব বুলি কোৱাত , বেগটো মাথোঁ ধৰি থাকে তাই। 
মন্থৰ গতিৰে পদপথেৰে খোজকাঢ়ি গৈ থকা সময়তে মন কৰিছিল আলোকে । কিমায়াৰ সোঁফালৰ গালখন আৰু ডিঙি ৰঙা পৰি ৰৈছে । কৰবাত দুখ পাইছিল নেকি কিমায়াই ? নে অইন কিবা ? গলহেকাৰি এটা মাৰি আলোকে সুধিছিল তাইক ,
: তুমি সদায়, এই সময়তে ঘৰলৈ উভতি আহাঁ ? 
: বাৰটা বাজি পাৰ হয় কেতিয়াবা । বাৰৰ পৰা বাৰ বজাত ওলাই আহোঁ ! 
খোকোজা নলগাকৈ কোৱা কিমায়াৰ কথা শুনি, কিছু সময় নীৰৱে থাকে আলোক ! এপাকত, বাছ আস্থানৰ ওচৰত ৰৈ গৈছিল কিমায়া আৰু আলোক । জিৰণি চৰাৰ, যাত্ৰীৰ বাবে নিৰ্মাণ কৰা আসনত বহি লৈছিল । দীৰ্ঘ শ্বাস এটা পেলাই, কিমায়াই হঠাতে কৈ পেলাইছিল।
: মই এজনী বাৰ ডেঞ্চাৰ !  এতিয়া যে ভাগৰি পৰিছোঁ মই।
কিমায়াই কৈ থকা সময়ত, আলোকৰ দৃষ্টি, তাইৰ ডিঙিৰ ৰঙা পৰা ঠাইডোখৰত নিবদ্ধ হৈ ৰৈছিল। কৈ দিছিল কিমায়াই নিজৰ কথাবোৰ ! বাধ্যত পৰি বাৰত নাচিবলৈ লৈছিল । অসন্তুষ্ট মনেৰে অৰ্থ উপাৰ্জনৰ বাবে, বাৰত নাচি আছিল কিমায়াই । কিছুদিন আগৰ পৰা বাৰলৈ লোক এজন আহিবলৈ ধৰিছিল।  চহৰৰ তিনিখন ম'লৰ স্বতাধিকাৰী, বৰুণ। টকাৰে সকলো কিনিব পাৰি বুলি ভবা বৰুণে, কিমায়াক আৰু বেছি সময়লৈ বাৰত ৰখাৰ ইচ্ছা কৰে । এমুঠি  টকা কিমায়াৰ ফালে দলিয়াই দিয়েই একপ্ৰকাৰ দাবী কৰে যেন বৰুণে । 
" মোৰ ওচৰত আহি, নাচ !"
বাকী কৰ্মচাৰী সকলে বৰুণক বাধা দিবলৈ সাহস কৰা নাছিল । বাৰৰ পৰা ওলাই যাবলৈ আদেশ দিয়াৰ সাহসো যেন নাছিল কাৰো । প্ৰতিবাৰেই কিমায়াই , বেগটো সাবটি বাৰৰ পৰা লৰালৰিকৈ ওলাই আহে । সেইদিনাও একেই দাবী কৰিছিল । লগতে কিমায়াক কোচত বহিবলৈও একপ্ৰকাৰ আদেশ দিছিল । বেগটো লৈ, ওলাই আহিবলৈ সাজু হোৱা মাত্ৰকে, বৰুণে কিমায়াৰ গালত এটা চৰ শোধায়। ভজা মঙহ খাই থকা হাতখনত তেতিয়াও মচলাৰ ৰং লাগি আছিল । সামান্য ৰঙাপৰা হাতখনেৰে ডিঙিত চেপা মাৰি ধৰি গৰজি উঠিছিল । 
" কিমান পইছা লাগে ক' ? দিবলৈ সাজু আছোঁ । "  
বহুত জোৰকৈ চেপি ধৰি থকা বাবে, কিমায়াৰ ডিঙি বিষায় । বহু চেষ্টা কৰি কোনোমতে তাই বৰুণৰ হাতখন আঁতৰাইছিল । বৰুণৰ গালত পূৰ্ণহতীয়া চৰটো মাৰি লৰালৰিকৈ চেঞ্জিং ৰুমলৈ লৰ মাৰিছিল কিমায়া।  বাৰত আৰু নাচিবলৈ নাযায় বুলি মনতে সংকল্প লৈছিল কিমায়াই । সৰু-সুৰা পৰিশ্ৰমৰ কাম কৰিব । কিন্তু, বাৰ ডেঞ্চাৰ নহয় বুলি মনতে সংকল্প লৈছিল । আলোকক কথাবোৰ কৈ, অলসতাৰে থিয় হৈছিল কিমায়া । নতুন আৰম্ভণিৰ বাবে সাজু হৈছিল কিমায়া । আলোকেও কিমায়াক চাকৰিৰ সন্ধানত সহায় কৰিব বুলি কথা দিছিল । সেই আশ্বাস কিমান সঁচা আছিল হয়তো, আলোকে নিজেও জনা নাছিল ! কিন্তু, কিমায়াৰ দুচকু উজ্বলি উঠিছিল । আলোকৰ হাতখনত ধৰিয়ে কোমলকৈ ধন্যবাদ জনাইছিল । মুখত মিচিকিয়া হাঁহি লৈ বাসস্থানলৈ আগবাঢ়িছিল আলোক আৰু কিমায়া । 
পিছদিনা  খিৰিকীখন খুলি দিয়া পাছতে, আলোকে কিমায়াৰ মুখত হাঁহি দেখিছিল । চাহৰ কাপত চুমুক দি, তেতিয়াও তাই কটাক্ষ চাৱনিৰে আলোকৰ ফালে চাইছিল । দুয়োৰে মাজত কথা-বতৰা বেছি নহৈছিল যদিও , এক বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । দুৱাৰদলিত থিয় হৈ কিমায়াই আলোকক নিমন্ত্ৰণ দিছিল । 
" আজি মোৰ জন্মদিন ! সন্ধিয়া তুমি ৰুমলৈ আহিবা বুলি আশা কৰিব, পাৰিম নে ? আজি যে কাৰোবাৰ সৈতে নিজৰ বাৰ্থডে উদযাপন কৰিবলৈ বৰকৈ মন গৈ আছে !"  
আলোকৰ মন আনন্দৰে ভৰি পৰিছিল । গ'লহেতেন সি কিমায়াৰ ৰুমলৈ !  তেতিয়াই মনৰ কথা কিমায়াৰ আগত ব্যক্ত কৰাৰ  সুবৰ্ণ সুযোগ পালেহেতেন  ! যদিহে.....
উপহাৰ এটি লৈ ৰুমৰ পৰা ওলাই যোৱা মাত্ৰকে, আলোকৰ সন্মুখত থিয় হৈছিল এজন ওখ, শকত-আৱত লোক । ডিঙিত মোটাকৈ নিৰ্মাণ কৰা সোণৰ চেইন পিন্ধা মানুহ জনক কিবা আচহুৱা যেন লাগিছিল আলোকৰ । গধুৰ মাতেৰে সুধিছিল আলোকক, কিমায়াৰ ৰুমটোৰ বিষয়ে । উত্তৰ দিয়াৰ আগতে আলোকে ওলোটাকৈ প্ৰশ্ন কৰিছিল লোকজনক । 
: আপুনি কোন হয়নো ? 
: মই কিমায়াৰ হ'ব লগীয়া স্বামী । মোক মাতি পঠিয়াইছিল তাই । 
আলোকৰ যেন ভৰিৰ তলৰ মাটিহে নাইকিয়া হৈছিল । হাতৰ উপহাৰটি জোৰকৈ চেপি ধৰিছিল । দুচকু সজল হৈছিল যদিও, চকুপানী সৰা নাছিল । জীৱনৰ প্ৰথম প্ৰেম !পোৱাৰ আগতে যেন হেৰুৱাই পেলায় আলোকে । মানুহজনৰ ফালে নোচোৱাকৈ 
"আহক!" বুলিয়ে মন্থৰ গতিৰে আগবাঢ়ি গৈছিল কিমায়াৰ ৰুমৰ ফালে । দুৱাৰত টোকৰ দিয়াৰ পিছমুহূৰ্ততে খোল খাইছিল দুৱাৰ । পলকতে কিমায়াৰ মুখৰ হাঁহি ম্লান পৰিছিল । 
: তোমাৰ ফিউচাৰ হাজবেণ্ডে তোমাক বিচাৰি আহিছে ! 
খোকোজা লগাকৈ কথাষাৰ কৈ ৰোৱা নাছিল আলোক‌। উচাট মাৰি আঁতৰি অহাৰ পিছে, কিমায়াই "আলোক" বুলি এবাৰ মাতিছিল। কিন্তু, বিৰহ আৰু ক্ষোভত এবাৰলৈও আলোকে উভতি নাচায় । পিছমুহূৰ্ততে, দুৱাৰ বন্ধ কৰা শব্দ শুনিছিল আলোকে । তেতিয়াই দুগালেৰে বিৰহৰ নৈ দুখন বৈ গৈছিল । কোঠাৰ ভিতৰৰ বিছনাত দুচকু মেলি পৰি ৰৈছিল আলোক । এটা নিষ্প্ৰাণ প্ৰাণীৰ দৰে । মনলৈ আহি থাকিছিল নানান ভাৱনা । বন্ধ কোঠাত হবলগীয়া স্বামীৰ সৈতে  কিমায়া বৰ আনন্দত থকা বুলিয়ে ভাবিছিল আলোকে । কিমায়াৰ বিয়া ঠিক হোৱা বুলি এবাৰটো ক'ব পাৰিলেহেঁতেন ! অৱশ্যে, দুয়ো মুকলিকৈ কথা পতাও নাছিল । সেয়ে হয়তো, সন্ধিয়া আলোকক কথাবোৰ কবলৈকে মাতিছিল ! কিন্তু, আলোকৰ বিবেকে একো কামেই কৰা নাছিল যেন ! ভিন্ন ভাৱনাই মন অস্থিৰ কৰি ৰাখিছিল আলোকৰ মন।
এটি অমাবশ্যা যেন নিশা পাৰ হৈছিল । অলসতাৰে উঠি গৈছিল আলোক । দৈনন্দিন কাৰ্য সমূহ কৰি, পাকঘৰৰ খিৰিকীখন খুলি দিয়ে । প্ৰতিদিনৰ দৰে ৰৈ থাকে আলোকে, কিমায়াই খিৰিকীখন খোলালৈ । কিন্তু, সময় পাৰ হয় ! কিমায়াই খিৰিকী নুখুলে । উদাসী হৈ , কৰ্মক্ষেত্ৰলৈ গৈছিল আলোক । বন্ধু দৃশ্যমক কথাবোৰ খুলাখুলিকৈ কৈ দিছিল আলোকে । দৃশ্যমে তেতিয়া এটায়ে উপদেশ দিছিল । 
" বাদ দে ! পাহৰি যা !" 
পাহৰি যোৱাৰ সংকল্প মনতে লৈছিল যদিও, ৰুমলৈ উভতি অহা পিছত সকলো সলনি হৈছিল । পাহৰিব নোৱাৰে আলোকে । কেতিয়াও নোৱাৰে । মানুহ জুম বান্ধি ৰৈ আছিল । গুণগুণণিবোৰ আলোকৰ কাণত পৰিছিল । 
" অকলে ছোৱালীজনী থাকে ! কেতিয়া, কোনেনো আহি  মাৰি থৈ গ'ল বাৰু ? বৰ নিৰ্দয়ী মানুহ দেই । " ঠাইতেই ৰৈ গৈছিল আলোক ! নিৰল হৈ ।আৰক্ষীয়ে প্ৰতিজন লোককে সুধিছিল কোনোবাই কাৰোবাক অহা দেখিছিল নেকি ? সকলোৱে একেষাৰেই নাই দেখা বুলিয়ে কৈছিল । আলোকেও মূৰটো নঞৰ্থক ভাৱত লৰাইছিল । আলোকৰ মনত দোলা দি থাকিছিল , কিমায়াৰ হঠাৎ ম্লান পৰা হাঁহিটো । কাণত ভাহি থাকিছিল, "আলোক !" বুলি মতা কিমায়াৰ মাতষাৰ । আলোকে অনুমান কৰিবলৈ চেষ্টা কৰিছিল । কেনেবাকৈ সেইজন লোক বৰুণ আছিল নেকি ? কিমায়াই তিনিদিন আগত ব্যক্ত কৰিছিল, বৰুণ নামৰ ব্যৱসায়ী জনৰ কথা । বাৰত কিমায়াৰ সৈতে অভদ্ৰ আচৰণ কৰা বৰুণেই আছিল হয়তো, সন্ধিয়াৰ সেই লোকজন! যিয়ে নিজকে কিমায়াৰ হবলগীয়া স্বামী হিচাপে পৰিচয় দিছিল । কথাবোৰ নিজৰ মাজতে আলোচনা কৰা সময়ত আলোকক যেন অপৰাধ বোধে চুই যায় । এৰা, আলোকে কিমায়া থকা ঠাই দেখুৱাই নিদিয়াহেঁতেন ! তাই জীয়াই থাকিল হেঁতেন । আলোকৰ প্ৰথম প্ৰেম অজান পৃথিৱীলৈ নগলহেঁতেন । নিৰ্জীৱ হৈ ৰুমৰ ভিতৰত সোমাই থাকিল আলোক । কান্দিব বিচাৰিও যেন, কান্দিব পৰা নাছিল  আলোকে । হঠাৎ যেন অদৃশ্য হৈ থকা কিমায়াৰ মাতষাৰহে শুনিব তেতিয়া । 
"এতিয়া কান্দি, অভিনয় কৰাৰ প্ৰয়োজন কি ? তুমিয়ে মোক মৃত্যুৰ মুখলৈ ঠেলি দিয়া নাই জানো ? " 
দুহাতেৰে কাণদুখন হেঁচি ধৰে আলোকে । প্ৰতিটো কথা বন্ধু দৃশ্যমৰ আগত ব্যক্ত কৰাৰ পিছতে, বন্ধুৰ এটায়ে উপদেশ । 
"পাহৰি যা আলোক ! বৰুণৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰিবি তই । মনে মনে ৰোৱাটোৱে তোৰ বাবে ভাল হ'ব! এইবোৰ কেচত তই মূৰ সোমোৱাব চেষ্টা নকৰিবি !" 
কোৰ্ট-কাচাৰীলৈ গৈ থকাৰ  ইচ্ছা কাৰণো থাকে ? এনেবোৰ কেচত মূৰ সোমোৱাৰ ইচ্ছা কাৰো নাথাকে ! কিন্তু, নীৰৱে থাকিলে কিমায়াই ন্যায় পাবনে ? বৰুণ কিমায়াৰ ওচৰলৈ অহাৰ একমাত্ৰ সাক্ষীয়ে হ'ল আলোক । সি মনে মনে থাকি ভাল কৰিছে জানো ? এই প্ৰশ্নটোৱে আলোকক খুলি খুলি খাইছিল যেন।
প্ৰতি ৰাতিপুৱা আৰু সন্ধিয়া খিৰিকীৰে , কিমায়াৰ পাকঘৰৰ খিৰিকীখনৰ ফালে চালেই, এই প্ৰশ্নটোকে অন্তৰাত্মাই বাৰম্বাৰ সুধি থাকিল যেন । আৰু নিজৰ সিদ্ধান্তত উপনীত হৈছিল আলোক ।  কাৰো কথা নুশুনি কেৱল মনৰ কথা শুনে আলোকে ।  এখোজ আগবঢ়াই দিছে আজি । সামৰি থব খোজা কেচটোৰ ফাইল পুনৰ খুলি লয় আৰক্ষীয়ে । আলোকে বৰুণৰ বিপক্ষে যুঁজ দিবলৈ সাজু । বাৰলৈ গৈ চি.চি টিভিৰ জৰিয়তে, বৰুণৰ বিৰুদ্ধে প্ৰমাণ গোটায় আলোকে !  বৰুণে সেই সন্ধিয়া কিমায়াক বিচাৰি আহি, অকলে কোঠাত প্ৰৱেশ কৰা কথাবোৰো ব্যক্ত কৰাৰ পিছতে, আৰক্ষী বিষয়া গৰাকীয়ে সকিয়াই দিছিল আলোকক! 
"পিছলৈ কিন্তু, পালটি নামাৰিবি ! সলনি নহবি ! "
নহয়, আলোক সলনি নহয় ! পিছুৱাই নাযায় আলোক ! এই যুদ্ধত জয়ী হ'ব নে নহ'ব ? সেয়া নাজানে আলোকে ! কিন্তু, শেষ উশাহলৈকে যুঁজিব ! কিমায়াৰ ন্যায়ৰ বাবে । চৌকাঠত মূৰটো লগাই, আলোকে অপলক দৃষ্টিৰে কিমায়াৰ পাকঘৰৰ খিৰিকীখনলৈ একেথৰে চাই থাকে । ওপৰৰ পৰাই হয়তো কিমায়াই আলোকক ক্ষমা কৰিব ! অকণমান হলেও, কিমায়াৰ আত্মাই শান্তি পাব ।  দূৰৈৰ পৰা ৰিণি ৰিণিকৈ ভাহি আহিছে বন্দনাটি, স্বতঃস্ফূৰ্ত ভাৱে হুমুনিয়াহ সৰে আলোকৰ নাকেৰে। 
দুচকু জপাই মুখৰ ভিতৰতে উচ্চাৰিলে আলোকে।
" ঔ সৰ্ব ভৱন্তু সুখিনঃ
সৰ্বে সন্তু নিৰাময়ঃ।
সৰ্ব ভদ্ৰাণি পশ্যন্তু
মা কশ্চিৎ দুঃখভাগ ভবেৎ।।
ঔম শান্তিঃ শান্তিঃ শান্তিঃ....‌
(হেঙেৰাবাৰী, গুৱাহাটী।)

অঙ্গন: পৃষ্ঠা 41
শেষ পৃষ্ঠাৰ লেখাঃ

ভাওনা সংস্কৃতি আৰু আধ্যাত্মিক ভাৱধাৰা

"জয় গুৰু শংকৰ সৰ্বগুণাকৰ
যাকেৰি নাহি কেও পাম
তোহাৰি চৰণে ৰেণুশতকৌতি
বাৰেক কৰোহো প্ৰণাম"

  কৃষ্ণ, আমি জানো ভাওনা হ'ল গুৰুজনাৰ মহত্বতম সৃষ্টি। যাৰ দ্বাৰা গুৰুজনাই সেই সময়ৰ বিপথগামী অসমবাসীৰ মাজত আধ্যাত্মিক ভাবধাৰা আৰু এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে ৰচনা কৰিছিল। তেখেতৰ প্ৰথমখন ভাওনা চিহ্নযাত্ৰাৰ জৰিয়তে তেওঁ সেই সময়ৰ অশিক্ষিত লোক সকলক ধৰ্মৰ শিক্ষা দিবলৈ প্ৰদৰ্শন কৰিছিল। যাৰ গীত-মাত , তাল, কাহিনী আদি ৰচনা কৰি ভকত বৈষ্ণৱৰ মাজত শ্ৰীকৃষ্ণৰ লীলা তথা মাহাত্ম্য প্ৰচাৰ কৰিছিল। ইয়াৰ পিছৰ পৰাই ক্ৰমাত ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈ বৰ্তমানৰ পৰ্যায় পাইছেগৈ। সেই সময়ৰ অংকীয়া নাট আৰু সূত্ৰধাৰ নৃত্যৰ মাজেৰে ভগৱান বিষ্ণুৰ মাহাত্ম্য প্ৰচাৰৰ জৰিয়তে ভকত বৈষ্ণৱসকলৰ মাজত নৈতিকতা আৰু আধ্যাত্মিক ভাব জগাই তুলিবলৈ চেষ্টা কৰিছিল। গতিকে আমি সেই ফালৰ পৰা ভাওনাক আধ্যাত্মিক ভাব আৰু নৈতিকতা ৰক্ষাৰ প্ৰধান ধৰ্মীয় সংস্কৃতি বুলি ক'ব পাৰোঁ। 
  এটি পৰিয়াল আৰু সমাজ এখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ'লে আধ্যাত্মিক ভাবধাৰাৰ লগতে প্ৰয়োজন হয় নৈতিকতাৰো। নৈতিকতাৰ অবিহনে চৰিত্ৰ গঠন হ'ব নোৱাৰে ঠিক তেনেকৈ আধ্যাত্মিক ভাবৰ অবিহনে ধৰ্ম পালন অসম্ভৱ আৰু এই দুয়োটাৰ অবিহনে মানৱ জীৱন অসাৰ। গতিকে আমাক আমাৰ জীৱনৰ মূল শিক্ষা প্ৰদানত ভাওনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাওনাৰ মাজেৰে ৰামায়ণ-মহাভাৰতৰ আৰু বিষ্ণু পুৰাণ, কালিকা পুৰাণ আদিৰ উপৰিও কাল্পনিক চৰিত্ৰ সমূহৰ মাজেৰে ভগৱান বিষ্ণুৰ চৰিত্ৰ আৰু মাহাত্ম্য প্ৰচাৰ কৰি ভক্তি ভাব জগাই তুলি মানুহক মূল সূঁতিলৈ আনি অন্যায়, অবিচাৰ, অধৰ্মৰ পৰা আঁতৰাই আনি ধৰ্ম স্থাপনৰ যোগেদি সমাৰ সংস্কাৰৰ প্ৰয়াস কৰা হৈছিল।
  জীৱনৰ চাৰিওটা স্তৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ'লে বিভিন্ন শিক্ষাৰ মাজতে প্ৰয়োজন হয় আধ্যাত্মিকতাবাদ আৰু নৈতিকতাবাদৰ। আৰ্যসকলে মানৱ জীৱনৰ কালছোৱাক এই চাৰিটা ভাগত ভাগ কৰিছে- ব্ৰহ্মচৰ্ষ,গাৰ্হস্থ্য,বানপ্ৰস্থ আৰু সন্ন্যাস। ঠিক তেনেদৰে আমাৰ জীৱনৰো শৈশৱ, কৈশোৰ, যৌৱন আৰু বৃদ্ধাবস্থাক সুচাৰু ৰূপে পৰিচালনা কৰাত আধ্যাত্মিকতা আৰু নৈতিকতাৰ গুৰুত্ব অধিক। 
আমি ভাওনাৰ ধৰ্মীয় কাহিনী সমূহৰ জৰিয়তে আমাৰ জীৱনৰ অৰ্থ বিচাৰি পাওঁ। অতীতত যেনে দৰে এই ভাওনা ধৰ্মপ্ৰচাৰৰ মূল আহিলা আছিল তেনে দৰে বৰ্তমানো এই ভাওনা অনুষ্ঠানে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মনত ধৰ্মীয় ভাব জগাই তোলাত সহায়ক হৈছে।
  কিন্তু বৰ্তমান ভাওনা সংস্কৃতিৰ মাজলৈ আমূল পৰিবৰ্তন আহিছে। ভাওনা প্ৰতিযোগিতা আৰু নাট সমূহৰ মূল কাহিনী ভাগৰ সাল সলনিয়ে ভাওনাৰ সৌন্দৰ্য বহু পৰিমাণে হ্ৰাস কৰিছে। কিন্তু তথাপিও অসমীয়া সমাজত ইয়াৰ ভক্তিভাৱ হ্ৰাস পোৱা নাই।
   গতিকে যেনেদৰে ধৰ্ম প্ৰচাৰৰ বাবে ভাওনাৰ প্ৰয়োজন ঠিক তেনেকৈ আমি আমাৰ জাতীয় পৰিচয় ৰক্ষাৰ্থে এই ভাওনাৰ আদৰ কৰাটো অতিব প্ৰয়োজন।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
(6000709096)

অঙ্গন:  পৃষ্ঠাঃ 42


Post a Comment

0 Comments