আজি ২২ বছৰৰ পাছত অনন্যাক লগ পালোঁ। তাই আকৌ আহিছে আমাৰ অফিচলৈ বদলি হৈ, আজিৰ পৰা প্ৰায় ২২ বছৰৰ আগতেই তাইক লগ পাইছিলো এইটো অফিচত । তেতিয়া তাই বনৰক্ষী হিচাপে যোগদান কৰিছিল আমাৰ DFO অফিচৰ একেটা কেম্পাচতে থকা গোলাঘাট DFO অফিচৰ অধীনৰ আঞ্চলিক সামাজিক বনানিকৰণ অফিচত আৰু মই চতুৰ্থ শ্ৰেণী কৰ্মচাৰী হিচাপে যোগদান কৰিছিলোঁ DFO অফিচত ।
: আকৌ আহি গলো মাজুলী বিনয় দা। তাইৰ কথাষাৰ শুনি মই মৃদু হাঁহিলো আৰু কলোঁ
: পিছে এইবাৰ একেবাৰে ডেপুটি ৰেঞ্জাৰ হৈ আহিলা, পাৰ্টি দিব লাগিব জীৱনত দুটাকৈ প্ৰমোচন শেষ কৰিলা !
: আপুনিওটো খুৱাব লাগিব কাৰণ আপুনিও প্ৰমোচন পালে ।
মই চিন্তা কৰি চালো কথাষাৰ অৱশ্যেই হয়, কাৰণ ময়ো এতিয়া কনিষ্ঠ সহায়ক হিচাপে পদোন্নতি লাভ কৰিলোঁ ।
: পিছে তুমি এতিয়াও আগৰ দৰেই ধুনীয়া হৈ আছা। মই কলো ।
: ' বুঢ়া ' !! - বুলি কৈ তাই খিলখিলাই হাঁহি দিলে আৰু কলে "হ'ব কাইলৈ লগ পাম, এতিয়া ৰূমত অলপ ৰেষ্ট লওঁগৈ।"
: Ok. মই মাথোঁ সন্মতি জনালোঁ তাই উঠি গ'ল বহাৰ পৰা আৰু তাইৰ লগে লগে যেন মোৰ মনটো উৰি গ'ল আজিৰ পৰা প্ৰায় ২২ বছৰৰ আগৰ সেই দিনবোৰলৈ ,
সেইয়া ২০২৩ চনৰ কথা সেইবাৰ অসমৰ বহুতেই বিভিন্ন বিভাগত চাকৰি পাইছিল মইয়ো পাইছিলোঁ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী হিচাপে মাজুলীত থকা DFO অফিচত ।
প্ৰায় তিনিমাহৰ পাছত আমাৰ অফিচ আৰু গোলাঘাট ডিভিজনৰ অধীনৰ আমাৰ লগতে থকা চচিয়েল ফৰেষ্টিত প্ৰায় ২০ জন মান বনৰক্ষীয়ে যোগদান কৰিছিল । সকলোবোৰ ভাল নম্ৰ আছিল যদিও মই তাৰ মাজতো এগৰাকীক পৃথক হিচাপে বিচাৰি পাইছিলোঁ, মানে মনটোৱে বিচাৰিছিল তাই হ'ল অনন্যা । ১৫ আগষ্ট উদ্যাপিত কৰোঁতে তাই দিয়া চমু বক্তৃতাত মই মুগ্ধ হৈছিলোঁ, তাই ধুনীয়াও আছিল, মিঠা বৰণীয়া, সুন্দৰ চকু, কথাই প্ৰতি হাঁহি ধেমালি কৰি থাকে। পাছ দিনা ভালদৰে চিনাকি হ'লো ,
: নামটো কোৱা ।
: অনন্যা, অনন্যা বৰা,
: ঘৰ ?
: লক্ষীমপুৰ
: অ' ,
এনেদৰেই আমাৰ ব্যক্তিগত সম্পকবোৰ সুন্দৰ হৈ পৰিছিল। বহুতো ব্যক্তিগত কথা আলোচনা কৰিছিলোঁ । তাইক এদিন সুধিছিলো তাইৰ জীৱনৰ কথা তাই কৈছিল ,
: বিনয় দা, মোৰ ভালপোৱা আছে কিন্তু সুখী নহয় মই ।
: কিয় ?
: আমাৰ কাষ্ট বেলেগ আহোম সম্প্ৰদায়ৰ সি, ঘৰত মানি ল'ব নোৱাৰে ,
: এইটো কথা হ'ব পাৰে নেকি ?
: নাই অ', বহুত কথা এইবোৰ কিমান শুনিম দেউতাৰ আপত্তি, দাদাৰ গালি, মাৰ জেং জেঙনি মই অতিষ্ঠ হৈ পৰো। কেতিয়াবা তাক এৰি দিওঁ যেন লাগে ।
: সম্পৰ্কই য'ত সুখী নকৰে তেনে সম্পৰ্কৰ অৱশ্যেই মূল্য নাই , কিন্তু কাৰোবাক আশা দি পাছত নিৰাশা কৰাটো যুক্তি হ'ব নোৱাৰে।
: নোৱাৰোঁ বিনয় দা মই বহুত চেষ্টা কৰিছোঁ একো সিদ্ধান্তই ল'ব নোৱাৰোঁ , কেতিয়াবা ভাবো ইয়াক এৰি ঘৰৰ মতেই এটা ভাল ল'ৰা চাই লওঁ।
কথাষাৰ শুনাৰ লগে লগেই মোৰ বুকুয়েদি যেন বৈ গ'ল প্ৰেমৰ সুবাস। এনে লাগিল যেন দ্বিতীয়টো সুবিধা মোৰ আহিব কাৰণ মইয়ো বিয়া পাতিবলৈ এজনী ভাল ছোৱালী বিচাৰি ফুৰিছোঁ।
এনেদৰেই পাৰ হৈছিল দিনবোৰ। তাইৰ খিলখিলিয়া হাঁহি, তাইৰ ফুৰ্তি , মানুহক আপোন আপোন কৰিব পৰা তাইৰ স্বভাৱবোৰে যেন মোক বেছি দুৰ্বল কৰি পেলাইছিল। তাৰ মাজতে বহুত সময় পাৰ কৰিছিলোঁ তাইৰ লগত। অৱশ্যেই তাত কোনো যৌনতা নাছিল। মোৰ এটা স্বভাৱ বেয়া আছিল সেইয়া হ'ল মই ভালপোৱাৰ কথা ভবাৰ লগে লগেই যৌনতাই আহি মোৰ সন্মুখত ধৰা দিয়েহি, ইফালে অনন্যাৰ শাৰীৰিক গঠনে সকলোকে যে আকৰ্ষণ কৰিব পাৰে ই খাটাং। কিন্তু আচৰিত অনন্যাক মই মনে প্ৰাণে মোৰ বুলি ধৰি লৈছিলোঁ অথচ আজিলৈকে যৌনতাৰ কথা ভাবিবলৈকে নহ'ল, হয়তো এইয়াই সঁচা প্ৰেম ।
মনতে কেতিয়াবা ভাবো প্ৰেমৰ প্ৰস্তাৱ দি দিওঁ, কিন্তু কিবা এটাই বাধা দি ৰাখে মোক। কাৰণ মই তাইতকৈ নিম্ন খাপৰ চাকৰিয়াল আৰু ভয়ো লাগে কাৰণ মোৰ প্ৰেম বিফল হ'লে মই অফিচত থাকিব নোৱাৰিম। তথাপিও এদিন কৈছিলো তাইক ধেমালিৰ চলেৰে : - তোমাৰ দৰে ছোৱালী এজনী পোৱা হ'লে মই এমাহৰ ভিতৰতে বিয়াখন পতিলো হয়। তাই হাঁহিছিল মোৰ কথাষাৰত সেইয়া মোৰ প্ৰতি থকা দুৰ্বলতা নে নাই মোক কৰা তাচ্ছিল্যতা মই ধৰিব নোৱাৰিলোঁ ।
সময়বোৰ পাৰ হৈছিল এনেদৰেই, মই কথাবোৰ ঢাকি ৰাখিছিলো বুকুত শিল থৈ । বহুত দিন ক'ব খুজিও ক'ব পৰা নাছিলোঁ কথাবোৰ, অকল সকলোৰে আগত হাঁহিয়াতৰ পাত্ৰ হোৱাৰ ভয়ত। কাৰণ অনন্যাই লগোৱা হোৱাটএপ ষ্টেটাচৰ তাইৰ ধুনীয়া ধুনীয়া ফটোবোৰ মই ডাউনলোড কৰি ৰখাৰ কথাও কৈ চাইছিলো তাইক কিন্তু একো প্ৰতিক্ৰিয়া নাছিল তাইৰ ।
: মোৰ বিয়া অহা মাহৰ পঁচিশ তাৰিখে, যাব লাগিবই কিন্তু আপুনি । মোক নিমন্ত্ৰণ জনাইছিল অনন্যাই। বুকুৰ ভিতৰখন জুইৰ দৰে জ্বলি ছাই হৈ যাব ধৰিছে তেনে অনুভব কৰিছিলোঁ মই, তথাপিও নিজকে তাইৰ পৰা যিমান পাৰি লুকুৱাইছিলো মই।
: মোক কিন্তু আপুনি আটাইতকৈ দামী গিফট দিব লাগিব, মোৰ মনত থকাকৈ ।
: 'ওঁ', মই মাথোঁ সন্মতি জনাইছিলো তাইৰ কথাৰ ।
অনন্যাৰ বিয়া ধুম ধামেৰে পাৰ হৈছিল। অৱশ্যে তাই চাই থোৱা আহোম সম্প্ৰদায়ৰ ল'ৰাজনৰ লগত নহয়, ঘৰৰ পৰা চাই দিয়া এজন কলেজ শিক্ষকৰ লগত। মই যেনেদৰে বুকুত শিল বান্ধি তাইৰ বিয়াত উপস্থিত আছিলো ঠিক একেদৰে তাইয়ো যে নিজৰ ভালপোৱা ভৰিৰে মোহাৰি ঘৰৰ কথা ভাবি বুকুৰ মাজত এটা দুখৰ হুমুনিয়াহ কঢ়িয়াই লৈ নিজৰ অমতত যে হোমাৰ ওচৰত বহি আছিল সেইয়া তাইৰ চকু জুৰি দেখিয়েই মই ধৰিব পাৰিছিলো ।
মই তাইক বাৰ হেজাৰ মান টকাৰ এটা সোণৰ আঙুঠি গীফট হিচাপে দিলোঁ। বিয়াৰ কিছুদিন পাছতেই কাজিৰঙা ৱাইল্ড লাইফ ডিভিজনত বদলি হ'ল তাই, বিয়াৰ পিছত কিছুদিন কণ্টেক আছিল যদিও লাহে লাহে সেৰেঙা হৈ দুবছৰ মান পাছত একেবাৰেই নোহোৱা দৰে হৈ পৰিল ।
ময়ো বিয়া পাতিলো, অনন্যাৰ বিয়াৰ দুবছৰ মান পাছত, তাইক ফোনতে মতিছিলো যদিও নাহিল তাই,
আজিৰ পৰা প্ৰায় পাঁচ বছৰ মান আগতে মোৰ মানুহ জনী ঢুকাল। পোন্ধৰ বছৰীয়া সংসাৰ খনত আমি সংসাৰ বহাব নোৱাৰিলোঁ। IVF কৰাৰ কথা ভাবিছিলো যদিও মানুহ জনীৰ স্বাস্থ্য জনিত কাৰণত সিও আধৰুৱা হৈয়ে থাকিল ।
: আহিলে বিনয় দা। পাছদিনা অফিচৰ ষ্টেপত উঠোতেই মাত লগালে অনন্যাই ।
: আহাঁ, আজি বিশেষ কাম নাই গতিকে তোমাৰ লগতে কথাকে পাতো। অনন্যাই চকীখন টানি বহি ললে মোৰ কাষতে ,
: আজি কিমান দিনৰ পাছত যে লগ হৈছোঁ ন ! তাই লাহেকৈ ক'লে
: উম , মই লাহেকৈ উত্তৰ দিলো তাইক , পিছে তোমাৰ কথা কোৱা সংসাৰৰ কথা। তাই কিছু সময় নীৰৱে ৰৈ কৈ গ'ল,
: মই ছাগে তাৰ শাও খালো বিনয় দা,
: তাৰ মানে !!
: সেই যে বিকাশ মোৰ পঢ়া দিনৰে বয়ফ্ৰেণ্ডটো যাক এৰি মই বিয়া হৈছিলোঁ, সি মোক বহুত ভাল পাইছিল। কিন্তু মই মোৰ মা দেউতাৰ ইমচনক সন্মান জনাই তাক এৰি প্ৰফেছাৰৰ লগত বিয়া হ'লো , আৰাম অৱশ্যেই পালোঁ কিন্তু সুখ নাপালোঁ ।
: কিয় ? মই সুধিলো
: সি এটা দানৱ, মানুহ নহয়। যেতিয়া ছুটি লৈ মই ঘৰত আহো তেওঁৰ লগত কিছু সময় কতাম বুলি মৰমেৰে, তেতিয়াও তেওঁৰ মৰম নাপাওঁ মই। গধূলি হ'লেই মদ এসোপামান খাই ভীষণ অত্যাচাৰ কৰে মোক, আনটো বাদেই মোৰ মাহৰ সেই বিশেষ দিনকেইটাটো শান্তি নাথাকে, এনেদৰেই ১০ বছৰ পাৰ কৰিলোঁ, আমাৰ মাজলৈ বিকি আহিল, কিন্তু আৰু নোৱাৰিলোঁ শেষত ডিভোৰ্চৰ দৰে সিদ্ধান্ত ল'ব লগাত পৰিল।
: তেনে মুহূৰ্তত মোক কণ্টেক কিয় নকৰিলা ।
: কেনেকৈ কৰিম কোনেও ফোন কৰিব নোৱাৰে অকল সন্দেহ কৰে সি। তাইৰ দুখখিনি বুজিও হাঁহি ক'লো মই : ডিভোৰ্চৰ পাছত মোক কোৱা হলে ময়ে তোমাক ...!
: বুঢ়া, কথাষাৰ শেষ কৰিবলৈকে নাপালোঁ তাইৰ উত্তৰ আহিল।
এনেদৰেই মোৰ কথাও কলো বহুত, এসময়ত আমি দুয়ো ৰাওনা হলো অফিচৰ পৰা ঘৰলৈ ।
মই অনুভব কৰিলোঁ মোৰ মনটো যেন বাৰে বাৰে আকৌ ডেকা বয়সৰ দৰে চঞ্চল হ'ব ধৰিছে । অকল অনন্যাৰ কথাই মনলৈ অহা হৈছে ।
সঁচাই তাইৰ জীৱনটো বহুত কষ্টকৰ হ'ল , মনতে ভাবিলো তাইক এবাৰ কৈ চাওঁ নেকি যে এই বয়সত তাইক আৰু মোক দুয়োটাকে লগ লাগে ।
তেনেদৰেই পাৰ হ'ল দুমাহমান । আমি আগৰ দৰেই আকৌ সহজ হৈ পৰিলোঁ । আমি যে বুঢ়া হৈ আহিছোঁ তাকো যেন পাহৰি গৈছোঁ। সেইদিনা চাহকাপ খাই দিগন্ত হোটেলৰ পৰা ওলাই আহিব খোজোঁতেই অনন্যাও তাত পালেগৈ,
: ৰব , মইয়ো কিবা এটা খাই লওঁ । তাইয়ো চাহৰ অৰ্ডাৰ দিলে । মই খোৱা চাহৰ গ্লাচটো সন্মুখৰ পৰা আঁতৰাই বুকুত বহুত সাহস গোটাই তাইক ক'লো,
: জানা অনন্যা আজিৰ পৰা ২২ বছৰ আগতে ময়ো তোমাক মনে মনে ভাল পাইছিলো,
: উম, অলপ জানিছিলো মই, কিয় নকলে এবাৰো হয়তো তেতিয়া মোৰ জীৱনত ইমান দুখ নহ'ল হয়। কথাষাৰত সাহস পায় আৰম্ভ কৰিলোঁ মই : তেতিয়াৰ কথা বাদ দিয়া এতিয়া আমি দুয়ো অকলশৰীয়া হৈ পৰিছো, জীৱনৰ শেষ সময়ত আমাক লগ লাগে গতিকে ...!
তাই কিছু সময় নীৰৱে ৰ'ল আৰু তাৰ পাছত কলে ,
: নাই নাই এতিয়া এনে কোনো সিদ্ধান্ত ল'ব নোৱাৰোঁ। কাৰণ সমাজে আমাক মানি নলয় এই বয়সত। মোৰ ল'ৰাৰ আগত মই বহুত তললৈ নামি যাম। অফিচত আমি আমাৰ সন্মান হেৰুৱাম আৰু বহুত কিবা কিবি অ'। মই ভাবি চালো কথাষাৰ মিছা নহয়।
: কিন্তু ... মই ক'লো ।
: একো কিন্তু নাই আমি এনেদৰেই থাকো, আগৰ দৰে , এজন আনজনৰ সহায় হৈ বন্ধু হিচাপে । যদিহে দ্বিতীয় জনমত আমি আকৌ এনেদৰে লগ হওঁ তেতিয়া আপোনাৰ হ'ম বুলি কথা দিব পাৰোঁ ।
মই নিমাত হৈ ৰ'লো । কি সুধিম ভাবি নাপালোঁ শেষত সুধিলো মই : এটা কথা কোৱা মোক এদিনৰ বাবে হলেও ভাল পোৱাৰ কথা তোমাৰ মনলৈ আহিছিলনে ?
তাই নীৰৱে ৰৈ মোৰ চকুলৈ চালে আৰু বাওঁহাতৰ তৰ্জনী আঙুলিত পিন্ধি থকা আঙুঠিটো দেখুৱাই মোক কলে : এইটো চিনি পাইছে আপুনি দিয়া। ইয়াক আজি ২২টা বছৰে হেঁপাহেৰে লৈ ফুৰিছোঁ। মোৰ চকু চলচলীয়া হৈছিল। অপ্ৰাপ্তিৰ হুমুনিয়াহ এটা ওলাই আহিল অজানিতে । অনন্যালৈ চালো তাইৰো চকু কেইটা সেমেকি আহিছিল । আৰু মোক থুকাথুকি মাতেৰে কৈছিল
: মোক আৰু আৱেগিক কৰি নুতুলিব, মোক এনেদৰেই জীয়াই থাকিব দিয়ক। মোক দুৰ্বল হ'বলৈ নিদিব ।
মই তাইৰ হাতখন খামুচি ধৰিছিলো আবেগত । তাই আঁতৰাই নিয়া নাছিল , হয়তো মোৰ দৰে তাইয়ো আশা কৰিছিল এটা নতুন জীৱনলৈ।
0 Comments