অঙ্গনঃ পঞ্চম বছৰ (৭ নং সংখ্যা)




১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 জুন  2024.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 4
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 6
👉প্ৰৱন্ধ : পৃষ্ঠা-- 7-11
👉ধাৰাবাহিক: পৃষ্ঠা--12
👉অণুগল্প : পৃষ্ঠা -- 13-16
👉অনুবাদ সাহিত্য : পৃষ্ঠা--17-20
👉কবিতা: পৃষ্ঠা--21-38
👉গল্প: পৃষ্ঠা--39-41
👉শেষ পৃষ্ঠাৰ  প্ৰৱন্ধ : পৃষ্ঠা-- 42

অঙ্গন: পৃষ্ঠাঃ 5
অঙ্গন
(মাহেকীয়া ই আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ 6
সম্পাদকীয়ঃ
ব্যক্তিগত নে সামাজিক স্বাধীনতা

অসমৰ প্ৰেক্ষাপটত সাধাৰণতে যেতিয়া এটি শিশু লাহে লাহে ডাঙৰ-দীঘল হয় তেতিয়াই বয়স্ক সকলে বুজায় যে জীৱনত আগবাঢ়ি যাবলৈ হ’লে প্ৰথমে আমি নিজৰ কথা ভাবিব লাগিব আৰু তাৰ পিছতহে আহি পৰিব আমাৰ সমাজখন৷ পৰোক্ষভাবে আমি সৰুতেই শিশুটিক এনে এটি ধাৰণা দিওঁ যি তেওঁক আত্মকেন্দ্ৰীক হ’বলৈ শিকায়৷ গতিকে  শিশুটি ডাঙৰ হৈ যেতিয়া প্ৰতিটো ক্ষেত্ৰতেই কেৱল ‘মোৰ চাকৰি, মোৰ ব্যৱসায়, মোৰ সম্পত্তি, মোৰ গাড়ী, মোৰ সৃষ্টি’ এনে এক মানসিকতাৰ স্বীকাৰ হয় তেতিয়া আমি নীৰৱ দৰ্শক হৈ থকাৰ বাহিৰে একো কৰিব নোৱৰা হৈ পৰোঁ৷  আ(ৰ্যকৰ বিষয়টো হৈছে এনে এক মানসিকতাৰ বাবেই আমি অজ্ঞাতে কাৰোবাৰ নিৰ্দেশনাত উঠা বহা কৰিছোঁ, বিপথে পৰিচালিত হৈছোঁ৷
অলপ দ কৈ ভাবি চালেই এই কথা আমি উপলব্ধি কৰিম৷ ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে আমাৰ বৰ্তমানৰ চৰকাৰখনৰ নেতৃত্বত প্ৰত্যক্ষভাবেই হওক বা পৰোক্ষভাবেই হওক বহু হিতাধিকাৰীৰ জন্ম হৈছে৷ এই হিতাধিকাৰীসকলে চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে কিমান স্বনিৰ্ভৰশীল হৈছে সেয়া এক বিতৰ্কিত বিষয়৷ কিন্তু বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি যদি সঁচাকৈয়ে   বিগত লোকসভা নিৰ্বাচনৰ সময়ত একাংশ হিতাধিকাৰীয়ে আঁচনিৰ ধন হেৰুওৱাৰ ভয়তেই দোদুল্যমান অৱস্থাত ভোট প্ৰদান কৰিবলগীয়া হৈছে তেন্তে নিশ্চিতকৈ এয়া আমাৰ দেশখনৰ বাবেই এক অশনি সংকেত হিচাপে স্বীকৃত হ’ব৷

এনে হোৱাৰ মূলতেই আমাৰ ব্যক্তিগত লাভালাভৰ অংকটোৱেই জগৰীয়া নহয়নে? আমাৰ প্ৰায়ভাগৰে ঘৰলৈ নতুন নতুন পাৰ্থিৱ সম্পদবোৰ এটা এটাকৈ আহিবলৈ আৰম্ভ কৰোঁতে কেতিয়া আমাৰ চুবুৰীৰ ল’ৰাটোৱে অসৎ সংগত পৰি জীৱনটো শেষ কৰিলে, কেতিয়া একাংশ স্বাৰ্থলোভীৰ হাতত আমাৰ চৌপাশৰ সামাজিক অনুষ্ঠানবোৰ এটা এটাকৈ নিঃশেষ হৈ গ’ল আমি গমেই নাপালোঁ৷

আমি সৰু হৈ থাকোঁতে আমাৰ শিক্ষাগুৰুসকল, চুবুৰীৰ বয়সস্থ লোকসকল ব্যতিক্ৰম আছিল৷ পুৱা গধূলি আমি কি পঢ়িছোঁ, স্কুললৈ নিয়মীয়াকৈ গৈছোঁ নে নাই সেইবোৰ মনে মনে খবৰ লৈছিল৷ আৰু যদি কেনেবাকৈ গম পাইছিল যে আমি পঢ়া-শুনা এৰি আনৰ বাৰীত আম-কঠাল বিচাৰি ফুৰিছোঁ তেন্তে কোন কাৰ ল’ৰা সেইবোৰ বিচাৰ হোৱাৰ পূৰ্বেই তেওঁলোকে সকলোকে এফালৰ পৰা পিটন দিছিল৷ আমাৰ অভিভাৱকো এনে আছিল যে কেতিয়াও তেওঁলোকে আমাৰ পক্ষ লোৱা নাছিল৷

আজিকালি তেনে লোকৰ অভাৱ বৰকৈ অনুভৱ হয়৷
সমাজ পৰিৱৰ্তনশীল৷ সময়ৰ লগত সকলোবোৰেই সলনি হয়৷ কিন্তু এনে ধৰণৰ পৰিৱৰ্তনে আমাৰ সমাজখনৰ যি বিস্তৰ ক্ষতিসাধন কৰিলে, এয়া সম্ভৱতঃ কোনো কালেই পূৰ নহ’ব৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 7
প্ৰৱন্ধঃ

আসক্তি এটা প্ৰজন্মৰ অভিশাপ

নীলমণি নেওগ

           অসমীয়া সমাজ ব্যৱস্থাৰ আচাৰ-আচৰণ, ৰীতি-নীতি, খাদ্যভাস সাজ-পোচাক ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ সংস্কৃতিৰ তুলনাত অত্যন্ত মাৰ্জিত, সাত্ত্বিক আৰু আধ্যাত্মিক ভাৱধাৰাৰে সমৃদ্ধ । বিশেষকৈ নৱবৈষ্ণৱ যুগৰ মহাপুৰুষ গুৰু দুজনাৰ নীতি আদৰ্শকে শিৰোগত কৰি আমাৰ পিতৃ-পিতামহ সকলে জাতিটোৰ যি আদৰ্শ বা সংস্কৃতিৰ ধাৰা ৰক্ষা কৰি চলি আহিছিল, সেই ধাৰা সাম্প্ৰতিক প্ৰেক্ষাপটত কিমান দূৰ বৰ্তি আছে সেয়া অত্যন্ত চিন্তনীয় বিষয় হৈ পৰিছে।
             সমাজ পৰিৱৰ্তনশীল ই ধ্ৰুৱ সত্য। পৰিৱৰ্তন আৰু নতুনত্ব সমাজৰ কাম্য। কিন্তু বৰ্তমান সময়ত নৱপ্ৰজন্মই ঠেৰুছিগাৰ দৰে পাশ্চাত্যৰ সংস্কৃতিৰ লগত নিজকে খাপ খুৱাই চলিবলৈ গৈ ঘৰচিৰিকাই ৰাজহংসৰ খোজ দিবলৈ গৈ নিজৰ খোজ পাহৰি যোৱাৰ দৰেই আমাৰ সংস্কৃতিক বিকৃত কৰি নিজেই নিজকে কুঁহিলাৰ পুঙাৰ দৰে উটুৱাই নিছে।
            বৰ্তমান আমাৰ সমাজ ব্যৱস্থাৰ বিশেষকৈ নৱপ্ৰজন্মৰ বাবে আটাইতকৈ মাৰাত্মক ব্যাধিটোৱেই হৈছে গুটখা আৰু মাদ্ৰক দ্ৰব্য সেৱন। মই নিজেও এগৰাকী এই প্ৰজন্মৰে ব্যক্তি হৈ পদে পদে উপলব্ধি কৰিছোঁ, এই দ্ৰব্য সমূহে আমাৰ প্ৰজন্মটোক কেনেকৈ তেজ শুহি খাইছে, কেনেকৈ আমাৰ প্ৰজন্মক কোঙা আৰু পঙ্গু কৰি তুলিছে। অৱশ্যে নৱপ্ৰজন্মৰ সকলোৱেই এই আগ্ৰাসনৰ বলি হোৱা নাই।
             ড° ভূপেন হাজৰিকা দেৱে এটা গীতত আমাৰ প্ৰজন্মটো যে সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হৈছে তাক সুন্দৰকৈ উপস্থাপন কৰিছে –

 “আমাৰ সমাজৰ নতুন পুৰুষৰ
জাননে কি হ’ল  ভাই ?

প্ৰগতিৰ জখলা বগাইছে হ’বলা
তেনেহেন লাগিছে ককাই ।

নহয় ,নহয় ওহোঁ নহয়,
ঘনে প্ৰতি খোজে প্ৰতি উজুটিহে খাই।

এজাক উটনীয়া হ’ল , এজাক পতনুৱা হ’ল
মলখু দুটি এটি ৰ’ল ।

কোনটো সোণালী পথ , কেনি চলে জীৱন ৰথ। উৱাদিহ  নোপোৱা হ’ল ।”

            সঁচাকৈ চকুৰ সমুখতে এটা প্ৰজন্ম কেনেকৈ তিলতিলকৈ পঙ্গু হৈ গৈছে, কৰ্মবিমুখ হৈ গৈছে, দিশহাৰা হৈ কেনেকৈ ডেউকা ভঙা পক্ষীৰ দৰে ছটফটাই ফুৰিছে, ইয়াক উপলদ্ধি কৰি চাই থকাটো বৰ অসহ্যকৰ ।
             নৱ প্ৰজন্মৰ প্ৰায়বোৰ ডেকা উচ্চ শিক্ষাৰে শিক্ষিত কিন্তু তেওঁলোকৰ অত্যাধুনিকতা হোৱাৰ মানসিকতাই সেই শিক্ষাৰ মান নিম্ন কৰাৰ লগতে ব্যক্তিত্বকো হেয় প্ৰতিপন্ন কৰাইছে। পোন্ধৰৰ পৰা পঁচিশ বছৰ বয়সৰ প্ৰায় সৰহ সংখ্যক ল’ৰাৰ পকেটত এটা শিখৰ নহ’লে ৰজনীগন্ধা বা কমলা-পছন্দৰ পেকেট থাকে । সিহঁতৰ মতে এইবোৰ এটা সাধাৰণ কথাহে, এইবোৰ কোনো নিচাৰ শাৰীত নপৰে। কিন্তু এই সামান্য এটা দহটকা দামৰ পেকেটে যে সিহঁতৰ লগতে গোটেই প্ৰজন্মক ধ্বংস কৰিছে তাক এবাৰলৈও উপলদ্ধি কৰা নাই। তিনিআলি, চাৰিআলি সকলোতেই মাত্ৰ দুজন বন্ধুৰ প্ৰথম সম্ভাসন “ ঐ আছে নেকি ? অকণমান দে” । বন্ধুটো দূৰৰ কথা ককাই-ভাই, জ্যেষ্ঠ-কণিষ্ঠ, পিতৃ-মাতৃ, গুৰু কাকোৱেই গণ্য নকৰি বিভৎস ৰূপত সিহঁতে নিজকে পৰিচয় দিবলৈ তিলমানো লজ্জা অনুভৱ নকৰে। কিন্তু এটা সময় আছিল য’ত কোনোবাই লুকাই চুৰকৈ যদি এটা চিগাৰেট খাইছিল বা চাদা অকনমান খাইছিল তেনে মুহূৰ্তত কোনোবা জ্যেষ্ঠ আহিলে দূৰতেই নিজক সংযম কৰিছিল।
          ঠিক তেনেদৰে সুৰাপান বৰ্তমান প্ৰজন্মৰ স্বাস্থ্যৰ বাবে হানিকাৰক নহৈ যেন উপকাৰী তথা উৎসাহ প্ৰদানকাৰী আৰু শক্তিদায়ক জীৱনদায়িনী এক পানীয়লৈ ৰূপান্তৰিত হৈছে।  
             মাঘৰ ভোগালী, বহাগৰ ৰঙালীক এতিয়া সেই আগৰ উৎসৱ কৰি ৰখা নাই। মাথোঁ কোনটো মদ দামী, কোনটো মদৰ লগত কোনবিধ মঙহৰ ৰুচি মিলিব তাৰহে হিচাপ। অসমীয়াৰ প্ৰাণৰো প্ৰাণ বহাগ বিহুত চুৰিয়াখন পিন্ধি হুঁচৰি গোৱাটো তেওঁলোকৰ বাবে এতিয়া out dated কথা। যি কেইটা ওলাই যায় তাৰে ভালে সংখ্যকে সেই ৰসত বলীয়ান হৈ বিহুৰ নামত ভুচুং পহুৰ দৰে বহুৱালি নৃত্য কৰি বিহুক চৰম অপমান কৰাই নহয় তেনে নৃত্য সামাজিক মাধ্যমত প্ৰচাৰ কৰি অন্য সমাজৰ লোকৰ আগত আমাৰ শিৰ নত কৰোৱাইছে।
              মাতালামিৰ উৰ্দ্ধত গৈ অতি নিৰ্লজ্জ ভাৱে বিবাহৰ দৰে পৱিত্ৰ কাৰ্যতো নিজে দৰাৰ সাজ পৰিধান কৰি সেই ৰস প্ৰাণ কৰে, গুৰুজনাৰ সৃষ্টি ভাওনাত অকণমান খাই নল’লে জোৰ পোৱা নাযায় বুলি ভগৱানৰ অস্তিত্বক নস্যাৎ কৰিছে। অতি দুখজনক ভাৱে মৃতকৰ সৎকাৰ কৰোঁতেও নৱপ্ৰজন্মক সুৰাৰ যোগান ধৰাৰ পৰিৱেশ এইখন অসমতেই আহি পৰিছে।
         এই আসক্তিৰ বাবে প্ৰকৃত দায়ী কোন ? পিতৃ-মাতৃ নে সমাজ ব্যৱস্থা ? নে অত্যাধুনিকতাক আঁকোৱালি লোৱাৰ প্ৰতিযোগিতাত নামি পৰা এই কৰ্ম বিমুখ প্ৰজন্মটো নিজেই । পিতৃ-মাতৃ আজি নিজেই দিশহাৰা। অন্ধভাৱে সন্তানক কৰা মৰমৰ চুমাই আজি যেন নাকটি চিঙিছে। সমাজৰ অৱস্থা নকলোৱেই যেনিবা। কাক ক’ব ,কোনে শুনিব ? যি সকল এতিয়াও এই আগ্ৰাসনৰ পৰা বাচি আছে তেওঁলোকো নিমাত। মাতিববা কেনেকৈ ?

দামোদৰীয়া ঘোষাত স্পন্দিত হৈছে –
"দাম্ভিকৰ দম্ভ শুনি       দুষ্টৰ কঠোৰ বাণী
          ক্ষমিব তাহাক শতবাৰ।
 সুখ দুখ সম কৰি          শোক ৰঙ্গ পৰি হৰি
          আত্মাৰাম হৈবা শতত।"

              যি সকলে এতিয়া নিজক বচাই চলি আছে তেওঁলোকে মাথোঁ এই ঘোষাৰ বাণীৰ দৰেই সকলো দুখ সুখ পৰিহৰি মাত্ৰ নীৰৱে প্ৰত্যক্ষ কৰিছে সমাজখনক । কাৰণ সমাজ গৈ এনে এক অৱস্থাত পাইছেগৈ য’ত কোনোবাই কাৰোবাৰ ভুল ধৰা মানে নিজৰ গালৈহে টান হোৱাৰ পৰিস্থিতি আহি পৰিছে ।
         হে মোৰ প্ৰজন্মৰ উত্তৰসূৰী সকল, সময়ৰ গতিত নিশ্চিহ্ন নহওঁতেই সজাগ হোৱা, পথচ্যুত নহৈ সততাৰে আগমনী হোৱা, ৰাজসিক খাদ্য ত্যাগ কৰি সাত্ত্বিকতাৰে সজাই তোলা চিৰসেউজ অসমীয়া জাতিক । আজি যদি তোমালোকৰ বাবে অগ্ৰজ সমাজখনে হাহাকাৰ কৰি তুলিছে, এই পথেৰে গ’লে এদিন আমাৰ প্ৰজন্মই নিজৰ অস্তিত্বক বিচাৰি হাহাকাৰ কৰি ফুৰিব লাগিব। তেতিয়া মাথোঁ এই সময় হৈ পৰিব প্ৰজন্মৰ অভিশাপ।

ঠিকনাঃ
সহশিক্ষক, নকাৰি মজলীয়া বিদ্যালয়,
ডিব্ৰুগড়

অঙ্গন: পৃষ্ঠাঃ 8
সম্প্ৰীতি আৰু প্ৰেমৰ প্ৰতীকঃ ৰঙালী বিহু

ড° চন্দন কলিতা
               
“ ব’হাগ মাথোঁ এটি ঋতু নহয়
 নহয় ব’হাগ এটি মাহ
 অসমীয়া জাতিৰ আযুস ৰেখা
 গণ জীৱনৰ ই সাহ ৷ ,,

         ব’হাগ বিহু বা ৰঙালী বিহু বসন্ত কাল আগমনত উদ্‌যাপন কৰা হয় ৷ এই ৰঙালী বিহু অসমীয়াৰ বাপতি-সাহোন, অসমৰ মূল উৎসৱ ৷ এই ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলিও কোৱা হয় ৷ এই উৎসৱত ডেকা গাভৰুৱে গীতৰ মাধ্যমত বিহুত লগপোৱা সময়ত নিজৰ ম’ন পচন্দৰ ডেকা-গাভৰুৱে নিজৰ মনত সাঁচি ৰখা প্ৰেম নিবেদন কৰাৰ সুযোগ পায় বা মনৰ কথা প্ৰকাশ কৰে ৷ এই বহাগ মাহত যৌৱনৰ লগতে খেতিৰ মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি অসমীয়া সমাজে বিশ্বাস কৰে ৷ খেতিৰ আগে আগে পালন কৰা বহাগৰ এই ৰঙালী বিহুৰ কৃষিৰ লগত ওত্বঃপ্ৰোত ভাবে জড়িত হৈ আছে ৷ সেয়েহে ৰঙালী বিহুক প্ৰেমৰ উৎসৱ বুলিব পাৰি ৷

“ লুইতৰ শুৱনি বৰকৈ চাপৰি
স্বৰগৰ শুৱনি তৰা ,
ভিতৰি ভিতৰি লোকলৈ পিৰিতি
 মুখেৰে চুপতি কৰা৷ ’’

জনপ্ৰবাদ মতে বিহুৰ উৎপত্তি  প্ৰাচীনকালৰ বিচু শব্দৰ পৰা হৈছিল বুলি জনা যায় ৷ বিচু শব্দৰ অৰ্থ হৈছে--- আটাইতকৈ পবিত্ৰ দিন’৷ চুতীয়া ভাষাত বিহুক বিচু বুলি কোৱা হয় ৷ বি মানে অতি আৰু চু মানে আনন্দময় বুজায় ৷ গতিকে ইয়াৰ দ্বাৰাই বুজিব পাৰি যে বিচু শব্দটো অপভ্ৰংশ হৈ বিহু শব্দৰ উৎপত্তি হোৱা বুলি অনুমান কৰিব পাৰি ৷ 

আকৌ আন এটা প্ৰবাদ মতে বিহু শব্দটো সম্ভৱতঃ পাটকাই পাৰ হৈ অহা টাইসকলৰ পৰা অহা বুলি ধাৰণা কৰা হয় ৷ তেওঁলোক অহাৰ আগতো আজিৰ নিচিনাকৈ গৰুকেন্দ্ৰীক উৎসৱ অসমীয়া সমাজে পালন কৰিছিল ৷ সেই উৎসৱ দেখি তেওঁলোকে নাম থৈছিল বৈহু ৷ টাই ভাষাত বৈ মানে-- উপাসনা আৰু হু মানে-- গৰু ৷ পৰবৰ্তী সময়ত সেয়াই হৈ পৰিল বিহু ৷

বিহু অসমীয়াৰ জাতীয় উৎসৱ, বিহু অসমীয়াৰ বাপতি-সাহোন ৷ বিহু অসমীয়াৰ পৰিচয়, বিহু অসমীয়াৰ স্বাভিমান ৷ এই বিহু শব্দৰ উৎপত্তি ক’ত কেতিয়া কোনে কৰিছিল সেয়া স্পষ্টকৈ ক’ব পৰা নাযায় ৷ কিন্তু এইটো ধাৰণা কৰিব পৰা যায় যে অসমৰ ভূ-খণ্ডৰ  মানুহে সমাজ পাতি বসবাস কৰিবলৈ লৈ যেতিয়াৰ পৰাই স্থায়ীভাৱে কৃষি কাৰ্যত জড়িত হৈ পৰিছিল তাৰ পিছতহে বিহুৰ জন্ম হ’ল ৷

"আজিৰ বিহুতলী উদুলি মুদুলি
উছাহৰ পাৰাপাৰ নাই ৷
ঢুলীয়াই বজাব ঢোল নাচনীয়ে  নাচ
হিয়া মোৰ চমে চমাই যায় ৷"

বিহু অসমীয়া জাতিৰ দাপোণ ৷ বিহুৰ সামগ্ৰীক প্ৰকৰণত প্ৰতিবিম্বিত হৈছে অসমীয়া জাতিৰ জাতীয় জীৱনৰ সামগ্ৰিক চিত্ৰপট৷ প্ৰাকৃতিক, ভৌতিক, পৰিবেশ্য কলাৰ উপাদানসমূহ বহাগ বিহু বা ৰঙালী বিহুৰ চত্ৰে চত্ৰে বিৰাজমান ৷ 

 "দেউতাৰ পদূলিত
 গোন্ধাইছে মাধুৰী
 কেতেকী মলেমলাই ঐ
 গোবিন্দাই ৰাম ৷"

বহাগ বিহু বা ৰঙালী বিহু অসমীয়া জাতিৰ সাংস্কৃতিক লোক-উৎসৱ ৷ এটা জাতিক সংস্কৃতিয়ে জাতীয় জীৱনৰ ধাৰা বহন কৰে ৷ বিহুক অসমীয়াৰ লোক-উৎসৱ আখ্যা দিয়াৰ মূলতেই হৈছে এই উৎসৱৰ লগত অসমীয়া জনজীৱনৰ বাস্তৱতা, ধৰ্মীয় বিশ্বাস, আশা-আকাংশা আৰু লোকাচাৰ আদি অংগে অংগে বিস্তাৰিত হৈ আছে ৷ বিহু আমাৰ প্ৰাকৃতিক উৎসৱ য’ত সামাজিক আৰু ধৰ্মীয় পৰম্পৰা জড়িত হৈ আছে ৷ 

" কুঞ্জলতা কপৌফুল
 ফুলি আছে
 নাচনী ভনীক
 ঢুলীয়াই মাতি আছে"

অসমৰ কৃষি উৎসৱবোৰ পালন কৰাৰ মূল উদ্দেশ্যই হ’ল শস্যশ্যামলা কৰা ৷ পৃথিৱীৰ বিভিন্ন দেশৰ লোক-উৎসৱৰ দৰে অসমীয়াই কৃষিৰ তিনিটা উৎসৱ বিহুৰ আয়োজন কৰে ৷ যেনে-- মাঘ বিহু বা ভোগালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু বহাগ বিহু বা ৰঙালী বিহু ৷ ইয়াৰে ভিতৰত ৰঙালী বিহু হ’ল কৃষি উৎসৱ,আৰু এই উৎসৱ বসন্তকালত উদ্‌যাপন হোৱা অনুষ্ঠান বাবে এই উৎসৱক বসন্তোৎসৱ বুলি কোৱা হয় ৷

বিহু অসমৰ জাতীয় উৎসৱ৷ প্ৰকৃতিৰ নিয়ম অনুসৰি ফাগুনী মলয়াৰ বোকচাত উঠি ধৰালৈ বসন্ত আহে ৷ ব’হাগ বুলিলে অসমীয়াৰ মনলৈ আশাৰ ঢল কঢ়িয়াই আনে ৷ ব’হাগ বিহুত ডেকা-গাভৰুৱে গীতৰ মাজেৰে সুখ আৰু দুখৰ কথা অৱগত কৰি নিজৰ প্ৰেমৰ লগৰী আদৰি লয় ৷ ব’হাগৰ আগমনে কৃষকৰ মনলৈ আশাৰ ঢল কঢ়িয়াই আনে আৰু ব’হাগৰ এই ৰঙালী বিহুৱে অসমীয়া জাটিৰ এনাজৰী ডাল সশদৃঢ় আৰু ঐক্য, সংহতিৰ বাৰ্তা কঢ়িয়াই আনিছে ৰঙালী বিহুৱে ৷

 “ ব’হাগত অসমীয়াৰ মন হয়
 ৰঙা-ৰঙা, আনন্দত মতলীয়া।
জীয়ৰী-বোৱাৰী, প্ৰকৃতি শুৱনী
নকুঁহিপাতে, ৰিহা-মেখেলা সাজে ৷",

ঠিকনাঃ
তামুলপুৰ, লতিবাৰী
৭০০২৮৯৪৬৭২

অঙ্গন: পৃষ্ঠাঃ 9
আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস অাৰু কিছু চিন্তা

ৰাহুল জ্যোতি বৰা

          আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস ভাৰতবৰ্ষকে ধৰি ৰাষ্ট্ৰসংঘৰ প্ৰতিখন সদস্য ৰাষ্ট্ৰই প্ৰতিবছৰে ১২ মে' তাৰিখে পালন কৰে । ইটালীৰ ফ্ল'ৰেন্সত জন্মগ্ৰহণ কৰা অাধুনিক নাৰ্চি সেৱাৰ পথ প্ৰদৰ্শক ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিন উপলক্ষে তেখেতৰ অৱদানক স্মৰণ অাৰু শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয় । উল্লেখযোগ্য যে যুদ্ধৰ সময়ত অাহত ব্ৰিটিছ সৈন্যৰ বাবে তেওঁ নাৰ্ছ হিচাপে কাম কৰিছিল । ক্ৰিমিয়া যুদ্ধৰ সময়ত ফ্লোৰেন্সে যি ধৰণেৰে কাম কৰিছিল সেয়া সঁচাকৈয়ে প্ৰশংসনীয় অাছিল । ৰাতি হাতত লেম্প এটা লৈ অাহত সৈনিকৰ যত্ন লৈ ঘূৰি ফুৰিছিল বাবে তেখেতক The Lady with the Lamp বুলিও জনা যায় । 
          নাৰ্চসকল হৈছে যিকোনো স্বাস্থ্যসেৱাৰ মেৰুদণ্ডস্বৰূপ । চিকিৎসা পদ্ধতিত চিকিৎসকৰ সমানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নাৰ্চ সকলেও । এজন চিকিৎসকে এজন ৰোগীৰ লগত একেৰাহে লাগি থাকিব নোৱাৰে, সেয়েহে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নাৰ্চসকলে অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰাৰ লগতে সময়মতে ঔষধৰ যোগান ধৰা, ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লৈ প্ৰয়োজন অনুসৰি কৰ্তব্যৰত চিকিৎসকৰ লগত যোগাযোগ কৰি ৰোগীসকলৰ যত্ন অাৰু সুৰক্ষা বৃদ্ধিত অধিক সৰ্তক হোৱা দেখা যায় । ইয়াৰ উপৰিও ৰোগী এজনৰ শাৰীৰিক, মানসিক, মনস্তাত্ত্বিক অাৰু সামাজিক দিশৰ পৰা শুশ্ৰূষা প্ৰদান কৰিবলৈ ৰোগীসকলৰ প্ৰতি বন্ধুসুলভ সহায়ক অাৰু সহনশীল হৈ যি সেৱা অাগবঢ়ায়, তেখেতসকলৰ সেৱাৰ এই মনোভাৱক সন্মান জনোৱা তথা তেওঁলোকৰ অৱদানক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে অান্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস পালন কৰা হয় । বহু নাৰ্চে নিজৰ সুখৰ সংসাৰৰ পৰা অাঁতৰত থাকি নিজৰ সন্তান, পিতৃ-মাতৃ, পৰিয়ালৰ লোকৰ পৰা মাহ, বছৰদিয়েক দূৰত থাকি নিজ কৰ্মত ব্যৰ্তী হৈ সেৱা অাগবঢ়ায় অাহিছে । তথাপিও নাৰ্চসকলে অাগবঢ়োৱা নিঃস্বাৰ্থ সেৱা অাৰু  শুশ্ৰূষাত কিছুসংখ্যক লোকে সহযোগিতা নকৰা দেখা যায় । অতি নগণ্য লোকৰহে নাৰ্চসকলৰ প্ৰয়োজন বা অধিকাৰ সমূহৰ বিষয়ে ভাবিবলৈ অাহৰি থাকে । সেয়েহে তেওঁলোকৰ এই কষ্ট, ত্যাগক মাত্ৰ এটা দিন বা এসপ্তাহ পালনতেই সন্তুষ্ট নাথাকি নাৰ্চসকলে প্ৰয়োজনীয় অধিকাৰ, সমতা অাদি যাতে লাভ কৰে সেই দিশটোলৈও চকু দি তেওঁলোকে যাতে উৎকৃষ্ট মানদণ্ডৰ সেৱা আগবঢ়াব পাৰে তাৰ বাবে সকলোৱে তেওঁলোকক প্ৰয়োজনীয় পৰামৰ্শ, সাহস আৰু উৎসাহ তথা সহযোগিতা অাগবঢ়ায় ৰোগীক শুশ্ৰূষা কৰিবলৈ অনুপ্ৰাণিত কৰিব লাগে ।

ঠিকনাঃ
মঙ্গলদৈ, দৰং, অসম
ফোন :: ৯৯৫৪৯১১৫২৮
G-mail :: borarahul360@gmail.com 

অঙ্গন: পৃষ্ঠাঃ 10
হাঁহি এক সঞ্জীৱনী সুধা

ৰেখামণি চাৰিঙীয়া

           মানৱ জীৱনত হাঁহি হৈছে এক স্বাভাৱিক মানসিক আৱেগ। যাৰ সৈতে জড়িত আছে আমাৰ মনৰ আনন্দ আৰু সুখানুভূতিৰ বহিঃপ্ৰকাশ। কোনো কথা বা ঘটনাৰ আনন্দৰ মাজতেই নিমজ্জিত হৈ থাকে এই আৱেগ বিহল হাঁহি। স্থান-কাল পাত্ৰ অনুযায়ী হাঁহি বিভিন্ন প্ৰকাৰত পোৱা যায়। বিখ্যাত জীৱবিজ্ঞানী ডাৰউইনৰ The Expression of the Emotion's গ্ৰন্থত হাঁহি, তৃপ্তি আৰু আনন্দৰ নিবিড় সম্পৰ্কৰ কথা সুন্দৰকৈ লিপিবদ্ধ কৰিছে। তেওঁ কৈছে যে মনত আনন্দ লাগিলে মানুহৰ আচৰণৰ কেতবোৰ লক্ষণ ফুটি উঠে। কোনোৱে নাচে, কোনোৱে হাত-চাপৰি বজায় বা কোনোৱে প্ৰাণখুলি হাঁহে। প্ৰাথমিকতে হাঁহি হৈছে আনন্দ অথবা সুখানুভূতিৰ বহিঃপ্ৰকাশ। আজিৰ সমস্যাবহুল সময়ে মানুহৰ জীৱনক জটিল কৰি তুলিছে।প্ৰতিদিন, প্ৰতি মুহূৰ্তত আমাৰ মনৰ যাৱতীয়া সংশয়, উদ্বেগ, টেনচন আৰু বিষণ্ণতা বাঢ়িবলৈ ধৰিছে। বহু সময়ত দেখা যায় বিভিন্ন ব্যক্তিৰ বা ঘৰত হাঁহি, আনন্দ বা উত্তেজনাৰ প্ৰভাৱ শূণ্য। তেন্তে মানুহে সঁচাকৈ হাঁহিবলৈ পাহৰিলে নেকি ! আধুনিক বস্তুবাদী পৃথিৱীত হাঁহি সঁচাকৈয়ে এবিধ দুৰ্লভ বস্তু। অথচ এই যন্ত্ৰণাক্লিষ্ট জীৱনযাত্ৰাত কেৱল হাঁহিৰেহে জীৱনটো সুন্দৰ কৰাটো সম্ভৱ। হাঁহি হৈছে আমাৰ জীৱনৰ সুন্দৰ উপহাৰ।
 নাৰী-পুৰুষৰ হাঁহি:- পুৰুষৰ তুলনাত নাৰীয়ে বেছিকৈ হাঁহে। নাৰীৰ হাঁহি সাৱলীল।পিচে সমীক্ষা অনুসৰি পুৰুষৰ হাঁহি কম হ'লেও তেওঁলোকে কিন্তু নাৰীৰ তুলনাত বেছিকৈ হাঁহিৰ খোৰাক জগায়।বেছিভাগ নাৰীয়ে তেওঁৰ জীৱন সংগীজন হাস্যবদন হোৱাটো বিচাৰে। যাতে পুৰুষজনে তেওঁৰ ধৰ্মপত্নীক সদায় হাঁহি-ধেমালি আৰু সুখ আন্দৰে ধৰি ৰাখিব পাৰে।

হাঁহিৰ কেপচুল:- সমস্যাবহুল সংকটৰ পৰা মুক্ত হ'বলৈ মনটো চাৰিওফালে এৰি দিয়ক যাতে আপোনাৰ মনটো প্ৰফুল্লিত হয়। সকলো সময়তে চিৰিয়াছ বিষয়ৰ ওপৰত গুৰুত্ব দি আপোনাৰ মনটো গধূৰ নকৰিব। সমস্যাবোৰ কেনেদৰে সমাধান কৰিব পাৰি তাৰ ওপৰতহে গুৰুত্ব দিব। মনত স্বাভাৱিক আনন্দ আনিবলৈ জীৱনটো সহজ-সলৰভাৱে যাপন কৰক। নিজৰ পচন্দ অনুযায়ী কিতাপ পঢ়ক, খেলা-ধূলা, গান-শুনা, চিনেমা-থিয়েটাৰ আদিৰ মনোৰঞ্জন লৈ নিজকে হাঁহি-আনন্দৰ মাজত বিলীন কৰি দিয়ক।

হাঁহিৰ উপকাৰিতা-

১/ হাঁহি হৈছে নেচাৰেল ফেচিয়েল। যিয়ে মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰাত সহায় কৰে। হাঁহিলে চকুৰ জ্যোতি বাঢ়ে। হাই-প্ৰেচাৰ, হাৰ্টব্ল'কেজ ৰোধ হয়।

২/ হাঁহিলে পেটৰ পেশীবোৰ শক্তিশালী হয়। মেদবহুলতা কমে আৰু পেটৰ অন্যান্য আভ্যন্তৰীণ সমস্যা দূৰ হয়।

৩/ হাঁহিলে শৰীৰত ৰক্ত চলাচল বাঢ়ে।
ফলত হৃদযন্ত্ৰ আৰু শৰীৰৰ অংগ-পতংগ সুস্থ থাকে।

৪/ হাঁহিলে মস্তিষ্কৰ ৰক্ত সঞ্চালন ঠিকে থাকে। যাৰ ফলত স্মৃতিশক্তি বাঢ়ে।

৫/ হাঁহিয়ে মানসিক চাপ দূৰ কৰে। বিশেষকৈ মানুহৰ মনত জমা হৈ থকা মানসিক আৱেগৰ চাপ হাঁহিৰ ফল্গুধাৰাই দূৰ কৰে।।

তিনিচুকীয়া(অসম)।

অঙ্গন: পৃষ্ঠাঃ11
 গ্ৰন্থ বিশেষঃ
"ইয়াৰুইঙ্গম" উপন্যাসৰ এটি সূক্ষ্ম আলোচনা

শ্ৰী পৰশা ৰাণী বৰা 

            অসমীয়া উপন্যাস সাহিত্যত অসমৰ বাহিৰত চিনাকি কৰি দিয়া প্ৰথমখন উপন্যাস " ইয়াৰুইঙ্গম" বুলি ক'লেও অত্যুক্তি নহ'ব। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ শক্তিশালী ৰচনাৰ স্বাক্ষৰ এই উপন্যাসখনিত এই চিন্তাৰ খোৰাক আৰু আনন্দৰ সমল দুয়োটাই আছে। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্রতিঘাটৰ কাহিনী এই উপন্যাসখনত বৰ্ণিত। উপন্যাসখনি উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠী ভিত্তিক উপন্যাস সমূহৰ মাজত এখন সুকীয়া আসন দখল কৰি আছে। ইয়াইৰুঙ্গম উপন্যাসখনৰ বাবে ড০ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যদেৱে ১৯৬১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
                ইয়াৰুইঙ্গম উপন্যাসখন এখন ৰাজনৈতিক উপন্যাস। প্রাক স্বাধীনতা কালৰ নগা পাহাৰৰ ৰাজনৈতিক পৰিস্থিতিৰ পটভূমিত ৰচনা কৰা এই উপন্যাসৰ মাজত দুইধৰণৰ সংঘাত দেখুওৱা হৈছে। প্ৰথমটো হৈছে, সুভাষ চন্দ্ৰ বসুৰ সহযোগত জাপানী সৈন্য নগাপাহাৰত  উপস্থিত হোৱাত নগা সমাজত এচাম নগা দলৰ মনত জাগ্ৰত হোৱা বিদ্ৰোহী মনোভাৱ আৰু আনটো হৈছে মহাত্মা গান্ধীৰ আদৰ্শ আৰু মহান ভাৰতীয় ভাৱধাৰা । ডo বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে এই জটিল যুগসন্ধিক্ষণত কঠিন আৰু কোমল, চিন্তা , সমস্যা, জটিলতা, প্ৰেম-বিৰহ আৰু হৰ্ষ-বিষাদৰ সমাহাৰেৰে উপন্যাসখনি ৰচনা কৰিছে। চাৰেংলা আৰু খুটিংলা ছোৱালীৰ দুইধৰণৰ জীৱনী কাহিনী ৰিশ্বাং, খাটিং, ভিজেচলী, নাজেক এই আটাইবোৰৰে জীৱন দৰ্শন ভিন ভিন আৰু এই সকলোবোৰই নগা সমাজৰ প্ৰতিনিধি। 
          সামাজিক উপন্যাসত প্ৰত্যাশা কৰা ব্যক্তিগত প্ৰেম কাহিনীৰ লয়লাস ইয়াত নাই যদিও নায়ক ৰিশ্বাঙৰ মাজেৰে আংশিক ব্যক্তিগত এক কাহিনীৰ বিকাশ দেখা যায়। ৰিশ্বাং এজন যৌৱন সুলভ প্ৰেমৰে পৰিপূৰ্ণ নগা জাতি আৰু মহত্ত্বৰ মানৱ জাতিৰ সুচিন্তা মংগল সাধনৰ বাবে কামনা কৰা পুৰুষ হোৱাৰ লগতে বিদ্ৰোহী চিন্তা ধাৰাৰে পৰিপুষ্ট যুৱক। ৰিশ্বাঙৰ জীৱন আকাশত জোনৰ দৰে জিলিকি থাকে খুটিংলা প্ৰেম আৰু যৌৱনৰ তাইৰ মোহময়ী প্ৰতিমা। তাৰ জীৱনৰ একাষে সন্ধ্যা তৰাৰ দৰে জিলিকি থাকে চাৰেংলা। তাই জাপানী সৈন্যৰ দ্বাৰা ধৰ্ষিতা সেয়েহে পতিত বুলি সমাজে ঘৃণা কৰে। চাৰেংলাৰ নীৰৱ প্ৰেম কিন্তু ৰিশ্বাঙে বুজিবলৈ চেষ্টা কৰা নাছিল। শেষত তাৰ খুটিংলাৰ লগত বিয়া হৈছিলগৈ। ভিডেচেলী আৰু ফানিটফাং ৰিশ্বাঙৰ পৰা পৃথক দুই চৰিত্ৰ। ভিডেচেলীয়ে বিশ্বাস কৰে সন্ত্ৰাসবাদত। ভিডেচেলীৰ পথ ভুল হ'ব পাৰে কিন্তু অনুভূতিৰ কোনো জটিলতা নাই। যদিও সি নিষ্ঠুৰ কিন্তু বন্ধুৰ প্ৰতি স্নেহময় আৰু সুহৃদয়ৰ গৰাকী। ৰিশ্বাং আৰু ভিডেচেলী নিজ নিজ মতত অটল দুটি শক্তিশালী চৰিত্ৰ। তাৰ তুলনাত দুৰ্বল আৰু ব্যক্তিত্বহীন চৰিত্ৰ হ'ল ফানিটফাং। সি যেন এক সৰল শিশু। মমতাৰ চিৰন্তন ভিক্ষাৰী, সৰল খুটিংলাৰ প্ৰেমিক, নিৰ্জু বঞ্চিত জীৱনৰ হতাশা আৰু বিষাদেৰে ভৰা এটা চৰিত্ৰ। 
          ৰিশ্বাঙে মানুহৰ মাজত থকা অবাঞ্চিত অসূয়া আক্ৰোশবোৰ আঁতৰাই শিক্ষাৰ জেউতি বিলাবলৈ মানুহৰ সজাগতা অনাৰ চেষ্টা কৰিছিল। আনহাতে ভিডেচেলীয়ে মুক্তি বিচাৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লয়। স্বাধীনতাৰ পাছতো স্বাধীনতাৰ প্ৰকৃত অৰ্থ নুবুজা অশিক্ষিত হোজা মানু্হচামৰ অৱস্থা গুৰিয়াল বিহীন নাৱৰ দৰে হৈছে। ভিডেচেলীৰ অনুচৰৰ হাততেই ভনী জোঁৱায়েক জীৱনৰ মৃত্যু হয়। ৰিশ্বাঙো গুৰুতৰ ভাৱে আহত হয়। অবৈধ হ'লেও নিজৰ মৃত সন্তানৰ দুখ পাহৰাবলৈ আৰু জীৱনৰ অৰ্থ বিচাৰি চাৰেংলাই সাৰথি কৰি লয় জীৱনৰ পুতেক কনচেঙক। প্ৰেমত প্ৰত্যাখিত ফানিটফাঙে‌ জীৱনৰ শেষ সময়ত জীৱনৰ মাহাত্ম্য সম্পৰ্কে উপলব্ধি কৰে। প্ৰাপ্তিয়েই শেষ সিদ্ধান্ত নহয়। যি ঘটে তাক সহজভাৱে স্বীকাৰ কৰি ল'ব পৰাটোৱেই জীৱনৰ একমাত্ৰ সাফল্য। 
          জীৱনটো ক্ষণিকৰ এটা বিস্ময়-স্ফুলিংগৰ দৰে ক্ষন্তেকপৰ প্ৰজ্বলিত হৈ আকৌ সি গুচি যায় কোনো এক অজ্ঞাত অন্ধকাৰৰ মাজলৈ। ইয়াৰুইঙ্গমৰ কাহিনীয়ে তাকেই কৈ যায়। জীৱন মৃত্যুৰ এই লুকা-ভাকুত একমাত্ৰ সহজ পথ হ'ল শান্তি। উপন্যাসখনিৰ অন্যতম সম্পদ ইয়াৰ গদ্যশৈলী। ই সৰল, পোন আৰু শক্তিশালী। পাইনবনৰ চেঁচা বতাহে কোবোৱা সেউজীয়া পাহাৰৰ সৌন্দৰ্য্য, প্ৰেমৰ অস্ফুত আৱেগ, খং, ঘৃণা, ক্ষমা আৰু মানুহৰ মনৰ বিচিত্ৰ সপোনৰ বৰ্ণনা এই গদ্যই পাঠকৰ বুকুলৈ পোনে পোনে কঢ়িয়াই আনে। কম কথাৰ মাজতে বহুত বুজোৱাৰ শক্তি বাক্যবোৰৰ মাজত দেখা যায়। এনেধৰণে বিভিন্ন কাৰণৰ আধাৰত বিচাৰ কৰিলে " ইয়াৰুইঙ্গম"ক অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস বুলি নিঃসন্দেহে ক'ব পৰা যায়।

ঠিকনাঃ                
হাৱাজান
৮০৯৯৭৩০৪৫২

অঙ্গন: পৃষ্ঠাঃ12
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ

(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ
              
 খণ্ড ১৮
               
      আমি আহি কলেজৰ ফিল্ড পাওঁতে ৰাতি দহমান বাজিল। দূৰৈৰ পৰা কলেজলৈ অহা-যোৱা কৰা সকলক নিবলৈ ঘৰৰ পৰা মাক বা দেউতাকহঁত ৰৈ আছেহি । গাড়ীৰ পৰা নামি সকলো নিজৰ নিজৰ স্থানলৈ গ'ল । পৰাগ, নিলয়, সৌৰভ , অংকুৰহঁঁতৰ ঘৰ একেটা দিশতে । কলেজৰ পৰা পৰাগৰ ঘৰলৈ প্ৰায় বিশ কিল'মিটাৰ মান হয় । সি বেছিভাগ বাইক লৈ অহা-যোৱা কৰে । আজি ৰাতি হ'ব বুলি জানি পৰাগে গাড়ীলৈ আহিছিল যাতে সিহঁত চাৰিওটা একেলগে ঘৰলৈ যাব পাৰে । চন্দন , গুঞ্জনহঁত বয়জ হোষ্টেলতে থাকে । ছাৰ-বাইদেউহঁতে সকলোকে পঠাই পৰাগক আমাক গাড়ীৰে ৰূমত থৈ আহিবলৈ কৈ নিজৰ কোৱাটাৰলৈ যাবলৈ ওলাল ।
           ৰাতি হ'ল, আন্ধাৰ পথ তাতে মোৰ ভৰি অৱস্থা এইয়া । খোজ কাঢ়িব পাৰিলে ছাৰহঁতে আগবঢ়াই ৰূমত থৈ আহিলহেঁতেন । এতিয়া খোজ কাঢ়িবই নোৱাৰো সেয়েহে পৰাগে তাৰ গাড়ীৰে আমাক তিনিওজনীকে ৰূমত থ'বলৈ আহিল । ৰূমৰ ওচৰ পায় পৰাগে নিশাক ৰূমৰ দুৱাৰ খুলি লাইট জ্বলাবলৈ কৈ মোক গাড়ীৰ পৰা দাঙি নি বিছনাত বহুৱাই থৈ ক'লে "সাৱধানে থাকিবা আৰু কাইলৈ পুৱাই মই আহিম এক্সৰে কৰাবলৈ লৈ যাম  বেলেগৰ লগত যাব নালাগে। নিশাহঁত তোমালোকো ওলাই থাকিবা । মোৰ হিয়াই যাতে কষ্ট নাপায় তাৰ বাবে তোমালোকে অলপ দিন কেয়াৰ ল'বা হাঁ । চাবা কিন্তু কেমেৰামেনে যাতে কেয়াৰ ল'বলৈ সুযোগ নাপায়  কৈ থ'লোঁ ।।মই এতিয়া যাওঁ হাঁ।
         পৰাগে দুৱাৰমুখ পাওঁতেই মোৰ মুখৰ পৰা আজানিতে ওলাই গ'ল "ভালকৈ যাবা, গাড়ী বেছি স্পীডত নচলাবা !" 
       মোৰ কথা শুনি সিহঁত দুজনীয়ে মোৰ মুখলৈ চালে । পৰাগে ওকে মোৰ জান ওমাহহহহ্‌ বুলি হাতেৰে এটা দুৱাৰ মুখৰ পৰা ফ্লাইং কিচ্‌ দি সিহঁত দুজনীলৈ চাই চকু টিপিয়াই হাঁহি হাঁহি ওলাই গ'ল।
         আৰে কি হ'ল ৰে । এইয়া কাণেৰে কি শুনিছিলোঁ বাৰু । মানে নীৰৱ দিৱানী হৈ আছে এতিয়াহে বুজিলোঁ বুলি দুয়োজনীয়ে ক'বলৈ লাগিল । বেচেৰা কেমেৰামেনটো জোকৰ মুখত চূণ দিয়াৰ দৰে কৰি পেলালে পৰাগে । সাৱধান বাণী শুনাই থৈ গৈছে দেই ।
        এহ্‌ !!! ৰ'চোন কিবা এটা পালেই তহঁত দুজনীয়ে যে কিখন নকৰ দেই । চাচোন দিনটো মোৰ বাবে কি কৰা নাই । মোৰ বাবে কপালত ঘা লাগিলে । ভৰিত দুখ পোৱা বুলি গম পোৱাৰে পৰা কিমানবাৰ দাঙি আনিছে পাহাৰৰ তললৈ কিমান কষ্টৰে নমাই আনিছে তহঁতে সকলো দেখি আছ । ইমানবোৰ কষ্ট কৰাৰ বিনিময়ত এটি সামান্য ধন্যবাদৰে তাৰ কষ্টখিনিক লঘু কৰিব বিচৰা নাই । তাৰ মোৰ প্ৰতি থকা মৰমবোৰ দেখি কৃতজ্ঞতা জনাবলৈও মোৰ ওচৰত ভাষাৰ অভাৱ ।সেয়ে কি কওঁ একো ভাবি পোৱা নাছিলোঁ অজানিতে এই কথাষাৰি মোৰ মুখৰ পৰা ওলাই আহিছিল । দিনটোত মই কিবা কোৱা শুনিছিলি জানো । এনেই যি টি নক'বি না তহঁতে।  মই অনুৰোধ কৰাৰ দৰে সিহঁত দুজনীক ক'লোঁ । 
        নিশাই ক'লে"--- অ হয়তো কিয় নহয়নো । পিছে আমি কোৱাষাৰো মিছা নহয় দে । জানো নহয় । অন্তৰত প্ৰেম নাজাগিলে এনেকৈ মুখত অজানিতে নোলায় দেই " ভালকৈ যাবা ; গাড়ী বেছি স্পীডত নচলাবা ।" এনেকৈ কোনে কাক কয় বাৰু ৰীমা....!!!
        ৰীমাই হাঃ হাঃ কৈ হাঁহি ক'লে"---কোনে কাক কয় নো আপোনজনে আপোনজনক আক' !  মানে পৰাগৰ প্ৰেম পক্কা ন' !
         মই অলপ নিজক সিহঁতৰ পৰা লুকুৱাই ৰাখিবলৈ বুলি  ক'লোঁ --- হয় যদি হয় আৰু তাতেনো কি হ'ল অ' ইমান কৈ থাকিব লগীয়া । প্ৰেম হে ; আজি কিবা ভাল লাগিছে কাৰণেহে কাইলৈ বেয়া লাগিব মোতকৈ কাৰোবাক বেছি ভাল লাগিব আঁতৰি যাব । এইবোৰ কথা ইমান চিৰিয়াছকৈ লৈ কি হ'ব নো ! 
         মোৰ কথা শুনি দুয়োজনীয়ে নুবুজা সাঁথৰৰ দৰে মোৰ মুখলৈ চাই থাকিল । ৰীমাই অলপ আচৰিত হৈ ক'লে"--- এই পৰাগৰে কপাল বেয়া । ইমান নিষ্ঠুৰ হৃদয়ৰ এজনীৰ প্ৰেমতহে পৰিবলৈ পালে ইমান ভাল ল'ৰাটোৱে । দিনটোত তাইৰ বাবে কি কৰা নাছিল তাইক বুকু ফালি দেখুৱাইছিল কিমান সি ভালপায় কাৰো আগত ডৰ-ভয় , লাজ-সংকোচ নকৰাকৈ ভালপাওঁ বুলি কৈছিল আৰু তাই কি বুজিলে ; একো নুবুজিলে । 
           হ'ব দে মই নুবুজোঁ আৰু নুবুজাকৈয়ে থাকোঁ । আৰু তহঁতে যে বুজিছ তাৰ বাবে ধন্যবাদ থাকিল ।
        ঐ চাচোন এইজনী  পাগলী নেকি ! তাই যে পৰাগৰ প্ৰতি ভালপোৱা অকণো ভাব সঁচাকৈ নাই নে ! আমিও নুবুজিছোঁ তোক ।
           ঐ তহঁত দুজনীক কিহে পালে ক'চোন । এতিয়া যে ৰাতি বাৰ বাজিবই এতিয়া কথাকে চোবাই থাকিবি নে গা-পা ধুই চাফ-চিকুণ হৈ মোকো কিবা সহায় কৰি দিবি । মই তেনেকৈ কোৱাতহে হয় দেই বুলি দুইজনী মোৰ ওচৰৰ পৰা আঁতৰি গ'ল । মোৰো গাটো খিচখিচ খাচখাচ কৰি আছে দিনটোৰ ধূলি-বালিবোৰ লাগি । গাটো ধুবলৈ হ'লে ভৰি বেণ্ডেজ খুলিব লাগিব । কিন্তু ডক্তৰে খুলিব মানা কৰি পঠাইছে । নুধুলেও ৰাতি শান্তিৰে শুব নোৱাৰিম । অৱশেষত ভৰিখন পানীত নিতিতাকৈ আঁঠুৰ ওপৰৰ পৰা তললৈকে পাতল পলিথিনেৰে মেৰিয়াই বান্ধি ল'লোঁ । সিহঁত দুইজনীয়ে ধৰি বাৰ্থৰূমলৈ মোক লৈ গ'ল । আমি খাই-বৈ শোওঁ মানে ৰাতি ডেৰমান বাজিল ।
     
আগলৈ...

অঙ্গন: পৃষ্ঠাঃ 13
অণুগল্পঃ

অনুতাপ

আইমনি গোস্বামী শৰ্মা।(নলবাৰী)

      টিকুক স্কুলত থৈ অলকাও অফিচলৈ যাবলৈ ওলাল। ঠিক দৰ্জাখন খোলাৰ লগে লগে তাই দেখিলে এজনী বুঢ়ী মানুহ বাৰাণ্ডাত দীঘল দি পৰি আছে। অলকা উচাপ খাই উঠিল। তাই বুঢ়ী জনীৰ নাকত হাত দি চালে। বুঢ়ীয়ে লৰচৰ কৰিছে। তাই বুঢ়ী জনীক উঠাই দি পানী অকণমান খাবলৈ দিয়াত মানুহজনী অলপ সুস্থ হ'ল। অলকাই মানুহজনী কোন, কিয় আহি অলকাৰ বাৰাণ্ডাত শুই আছে সুধিলে। বুঢ়ীয়ে চকুপানী মচি ক'লে _তেওঁক পুত্ৰ বোৱাৰীয়ে ঘৰৰ পৰা বাহিৰ কৰি দিছে। কেনেকৈ তেওঁ ‌ইয়াত পৰি আছে নিজেই নাজানে। অলকাৰ বৰ দুখ লাগিল। মানুহ জনীক একাপ চাহ খাবলৈ দি তাই বচলৈ ফোন কৰিলে "চাৰ, মই আজি অফিচ কৰিব নোৱাৰিম। মোৰ মাৰ গা ভাল নহয়।" ফোনটো কাটি অলকাই মানুহজনীক ভিতৰলৈ নি ভালকৈ ভৰি হাত ধুবলৈ দিলে।
   তেওঁক ভালকৈ খাবলৈ দিয়াত পৰম তৃপ্তিৰে খাই অলকাৰ ওচৰত বহিল। অলকাই তেওঁক ক'লে "আইতা-আপোনাক মই বৃদ্ধাশ্ৰমত থম বুলি ভাবিছোঁ। আপুনি কি ভাবে?" বুঢ়ীগৰাকীয়ে ক'লে, "মাজনী মই বাটে ঘাটে সকলোৰে ঘৰে ঘৰে ঘূৰি ফুৰাতকৈ মোৰ বাবে সেইখন ঘৰেই ভাল হ'ব। অলকাই মনতে ‌সকাহ পালে। তাই মনতে প্ৰশ্ন কৰিছে "বিয়াৰ পাছত ল'ৰা বোৱাৰীৰ বাবে কিয় মাক দেউতাক  এলাগী হৈ পৰে? ইয়াৰ বাবে আমি দায়ী নে সমাজ? কিয় এনেকুৱা হৈছে ? মানুহবোৰ ক্ৰমান্বয়ে যন্ত্ৰ লৈ পৰিবৰ্তন হৈছে কিয় ?কোনে ইয়াৰ উত্তৰ দিব ?

অঙ্গন: পৃষ্ঠাঃ 14
আভিজাত্য

বাবুল ভূঞা 

কিনকিনিয়া বৰষুণ জাকে বাটৰ গাঁত  বিলাকত পানীৰ ডোঙাৰ সৃষ্টি কৰিছিল ঠায়ে ঠায়ে, পথাচাৰী লোক সকলৰ বাবে পদ পথ নাচিল সেই পথ চোৱাত, আলি বাটটোৰ দাঁতিয়েদি খোজ কাঢ়ি যাব লগা হৈছিল পথেৰে যোৱা লোক সকল ৷ মেখেলা চাদৰ পিন্ধি কলেজলৈ যোৱা মালবিকাই খৰ ধৰকৈ গৈ থাকোতে, কাষেদি যোৱা গাড়ী এখনে তাইৰ কাপোৰত বোকাৰ পানী মাৰি থৈ গ'ল ৷ তাই ঘৰৰ পৰা আহি থকা পৰত, বহু কেইখন গাড়ীয়ে তাইক দেখি লাহেকৈ গাড়ীখন পাৰ কৰি তাইক সুৰক্ষিত ভাৱেৰে যাব দিছিল ৷ কিন্তু হঠাতে অহা গাড়ীখনে তাইক সৰ্ব্বনাশ কৰি থৈ গ'ল ৷ আভিজাত্যৰ পোছাক পিন্ধা গাড়ীৰ চালক জনৰ মানসিকতাৰ কথা ভাৱি, মালবিকাৰ পোতৌ জন্মিল ৷
   

অঙ্গন: পৃষ্ঠাঃ 15
অপবাদ

গীতামণি কলিতা

দুৰ্নীতিত আশ্রয় ল'ব নোৱাৰাৰ বাবেই হৰিহৰ দুৱৰা নামৰ সৎ ব্যক্তিজনে অৱশেষত অকাল মৃত্যুক সাবটি ল'ব লগা হ'ল। 
আজি.. তেখেতৰ কণমানি জীয়েকজনী লাহে লাহে ডাঙৰ হৈ দেউতাকৰ  মৃত্যু কেনেকৈ হ'ল বুলি মাকক বাৰে বাৰে সুধি থকাত মাকে ক'লে,  "তোমাৰ দেউতাৰ বৰ ডাঙৰ বেমাৰ হৈছিল অ, যিটো বেমাৰৰ ঔষধ ডাক্তৰে দিব পৰা নাছিল "  এই বুলি কৈ জীয়েকক সাবটি হুকহুকাই কান্দি পেলালে। 
           জীয়েকক মিছা কথা কোৱাৰ বাবেই চাগে মাকৰ চকুৰ আগত দেউতাকৰ নিদোষী মুখখনে বাৰে বাৰে আমনি কৰিবলৈ ধৰিলে।

অঙ্গন: পৃষ্ঠাঃ 16

পৰম্পৰা

 মীনাক্ষী ৰায় ডাকুৱা
                                

         সিদিনাখন আবেলি পৰত ৰাজীৱৰ পৰা ফোনকল এটা পালোঁ । ৰাজীৱ ভাৰতীয় সেনাবাহিনীত কৰ্মৰত যদিও "অঙ্গন" নামেৰে এখন অসাধাৰণ ক্ষুদ্ৰ আলোচনী(Little Magazine)ৰ সম্পাদনাৰ লগত জড়িত । ৰাজীৱে ক'লে যে, এই মাহৰ অঙ্গনৰ বিষয় "পৰম্পৰা ।" সেইবাবে আপুনি পৰম্পৰাক লৈ চুটি লেখা এটি দিয়ক । গতিকে ম‌ই সেই ধৰি ৰখা বা নষ্ট হৈ যোৱা পৰম্পৰাক লৈয়েই লিখিব লাগিব ।
         আবেলিৰ স্নিগ্ধ পোহৰ মোৰ চাৰিওফালে খেলা কৰি আছে । লিখিবলৈ লৈ মোৰ সকলো পুৰণি স্মৃতি মনৰ কেনভাচত ভাঁহি উঠিছে । পৰিবৰ্তনশীল এই জগতত সকলোবোৰৰে পৰিবৰ্তন হয় । কিন্তু পৰম্পৰাটো ক'ৰবাত নহয় ক'ৰবাত থাকিয়েই যায়  । পৰম্পৰা মাথোঁ এটা পৰিয়ালৰ মাজত নহয়, সমস্ত জাতিৰ মাজত, দেশৰ মাজত এই পৰম্পৰাৰ বীজ লুকাই থাকে । যিকোনো মানুহ জীয়াই থাকে মৰ্যাদা সহকাৰে আৰু সেই মৰ্যাদা আহে পৰম্পৰাৰ পৰা । কিন্তু পৰম্পৰাৰ বিশ্বাস অতি উগ্ৰ হ'লে সেয়া আৰু পৰম্পৰা হৈ নাথাকে । তাৰ লগত মিহলি হৈ যায় গ্লানি । আচলতে পৰম্পৰাৰ অৰ্থ অন্ধ অনুসৰণ নহয় । আধুনিকতাই তাৰ স্পৰ্শত গঢ়ি তোলে নতুন জগৎ । তাৰ মাজেদিয়েই ভঙা-গঢ়াৰে আগুৱাই যায় পৰম্পৰা । সময়ৰ প্ৰয়োজনত পৰম্পৰা বিৱৰ্তিত হ'ব‌ই লাগিব 
         ভাৱনাৰ লগে লগে লিখি আছোঁ মই । পৰম্পৰা কেতিয়াও একে ঠাইতে থিয় হৈ থাকিব নোৱাৰে । বৰ্তমানৰ সৈতে নিজকে খাপ খুৱাই চলিবলৈ হ'লে পৰম্পৰাই তাৰ ৰূপ পৰিবৰ্তনৰ মাজেদি যাব‌ই লাগিব । নহ'লে সেই পৰম্পৰা হেৰাই যায় । সময়ৰ সৈতে সঙ্গতি মিলাই চলিলে পৰম্পৰা কোনোদিন নষ্ট নহয় । পৰম্পৰা অন্তঃসলিলা । নতুনৰ মাতৃজঠৰত সি সযত্নেৰে লালিত হয় । পৰম্পৰা আচলতে মানুহ যেনেকৈ ডাঙৰ-দীঘল হয় । যি পৰিৱেশে মানুহৰ চেতনাক ঋদ্ধ কৰে ।

গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫

অঙ্গন:  পৃষ্ঠাঃ 17
অনুবাদ কবিতাঃ

TRAIN TO NOWHERE

By Erin Hanson

If you catch the train to nowhere
You'll find the strangest man I've met,
Who claimed his ears are always ringing 
With the sound of his regret,
Back then, time had not yet taught me
Regret was not a sound I knew,
So, I thought nothing more than silence 
Was left by things you didn't do,
He said he hoped the sound of nothing
Was the worst I've ever heard,
Because regret drives you as crazy
As the taste of swallowed words,
"It's a stone throw in a well," he mused
And this I've never forgotten:
"It's listening all your life
And never hearing it hit the bottom."

গন্তব্যহীন ৰে’লখন

মূল:Erin Henson
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী

তুমি যদি গন্তব্যহীন ৰে’লখনত উঠা
মই লগপোৱা আচৰিত মানুহজনক লগ পাবা,
যিজনে কয় তেওঁৰ দুই কাণত বাজিছিল 
অহৰহ তেওঁৰ অনুশোচনাৰ ধ্বনিবোৰ,
সেই তেতিয়া, সময়ে শিকোৱা নাছিল মোক
অনুশোচনা যে মই জনা কোনো ধ্বনি নাছিল, 
সেয়ে, মই ভাবিছিলোঁ নিস্তব্ধতাৰ বাহিৰে
মই নকৰা কামবোৰে একো এৰি যোৱা নাছিল,
তেওঁ কৈছিল, তেওঁৰ মতে একো নোহোৱাৰ ধ্বনিয়েই
মই শুনাবোৰৰ ভিতৰত সবাতোকৈ নিকৃষ্ট,
কাৰণ ‘কোৱা কথা ঘুৰাই লোৱাৰ’ দৰেই 
অনুশোচনাই সকলোকে কৰে অতি বিভ্ৰম,
তেওঁ গহীনকৈ ক’লে “এয়া কুঁৱাত শিল দলিওৱা”, 
আৰু মই এইটো কেতিয়াও পাহৰিব নোৱাৰোঁ যে: 
“এয়া সমস্ত জীৱন জুৰি তুমি শুনি আছা 
অথচ কেতিয়াও শুনা নাই তলি স্পৰ্শৰ ধ্বনি”।

[এৰিণ হেনচন (e.h) এগৰাকী অষ্ট্ৰেলিয়া বাসী, প্ৰায় চৌবিশ বছৰমান বয়সীয়া মহিলা কবি, যাৰ ভালেমান কাব্যগ্ৰন্থ প্ৰকাশ পোৱাৰ উপৰিও ‘সামাজিক মাধ্যমত অনেক কবিতা বহুল ভাৱে সমাদৃত।]

অঙ্গন:  পৃষ্ঠাঃ 18
তেজৰ সঞ্চালন

তাইৱান কবিঃ লী কুই-শিন

বাংলা অনুবাদঃ আমিনুৰ ৰহমান
 
অসমীয়া অনুবাদঃ বাসুদেব দাস 

মই তোমাৰ বাবে এটা কবিতা লিখিছোঁ
গোলাপ নাই নাইটিঙ্গেল চৰাই নাই
কিন্তু আছে বজ্রপাতৰ নিছিনা ভ্রমৰৰ শব্দ জৰুৰীভাবে 
বছৰৰ শেষত ঠাণ্ডা বতাহত।

বছৰৰ শেষত ঠাণ্ডা বতাহত
মই তোমাৰ বাবে এটা কবিতা লিখিছোঁ
তোমাৰ তীব্র মানসিক উপস্থিতিত 
যেতিয়া তুমি মোৰ দৃষ্টিৰ বাহিৰত

যেতিয়া তুমি মোৰ দৃষ্টিৰ বাহিৰত
আমাৰ থকাৰ আচল ঠাইটোৰ কথা ভাবিছা 
মই তোমাৰ বাবে এটা কবিতা লিখিছোঁ
আমাৰ প্রতিজ্ঞা ৰক্ষাৰ বিশ্বাসত

আমাৰ প্রতিজ্ঞা ৰক্ষাৰ বিশ্বাসত
ভালপোৱাৰ সময় আহিব ভাবি 
পোতাশালত লোৱাৰ ৰ'ডৰ পাছফালে 
মই তোমাৰ বাবে এটা কবিতা লিখিছোঁ

অঙ্গন:  পৃষ্ঠাঃ 19
তৃণ

মূল - তছলিমা নাছৰিন 
ভাবানুবাদ-- ডুলু অধিকাৰী 

মই ক'লোঁ 
তাতকৈ তৃণেই ভাল 
       
তেতিয়া তেওঁলোকে মোক 
          উপহাস কৰি 
অন্যফালে গুচি গ'ল 

মই নাজানিলোঁ 
       তেওঁলোক ক'লৈ গ'ল 
তৃণৰ জানো সাধ্য আছে 
       বিচাৰি যোৱাৰ 

বছৰ বাগৰাৰ পিছত 
        এদিন গম পালোঁ 
তেওঁলোক হেনো 
       বৃক্ষ হ'ল ক'ৰবাত 
আৰু মই তৃণ হৈয়েই থাকিলোঁ
       গোটেইদিন আকাশৰ 
সৌন্দৰ্য চাই চাই 

এদিনাখন দুজন মানুহে 
      সুধি ফুৰিছে 
কোনোবাই বৃক্ষ 
     হ'ব খোজে নেকি 
তাৰমানে তেওঁলোকে 
     এতিয়াও বৃক্ষ 
হোৱাটোৱেই বিচাৰে !
           
মানুহদুজনে চোৱা চুই 
       কৰিবলৈ ধৰিলে 
  আৰু ক'লে 
     কাৰ কথা কৈছা 
           নাম কোৱা 
জীৱনত নাম শুনা নাই 
     তেন্তে কিয় কৈছা মোক
   বৃক্ষ হ'বলৈ  

মানুহ দুজনে হাঁ‌হি হাঁ‌হি ক'লে
      বৃক্ষ হ'লে ৰূপহী হয় 
ফলৱতীও হয় ,

তাতকৈ মোৰবাবে 
       তৃণেই ভাল 
তৃণহ'লে দুখ ৰখাৰ 
       ঠাই নাথাকে 
নাথাকে কাৰো সাধ্য 
      টানি-আজুৰি 
   কাটি পেলোৱাৰ 

তৃণ মই --- 
   মোৰ মতেই আছোঁ 
ৰ'দ-বৰষুণ সহ্যকৰি 
     আকাশৰ সৌন্দৰ্য 
    উপভোগ কৰি 
অনেক সুখত আছোঁ 

ভুলতো কাকো 
    তৃণ হ'বলৈ নকওঁ‌
আৰু নিজে নিজে কেতিয়াও 
     বৃক্ষ হ'বলৈও চেষ্টা নকৰোঁ‌   ---!

অঙ্গন:  পৃষ্ঠাঃ 20

তৃতীয় ব্যক্তি

মন্দাক্ৰান্তা  সেন

আমার বারান্দার সকাল সকাল ঘুম ভাঙে।
সূর্যের প্রথম রশ্মি এসে স্পর্শ করে তার কাঁধ।
রেলিঙের গ্রিলগুলো লতিয়ে ওঠে আনন্দে।

আমি সেদিন সারারাত ঘুমোইনি। 
আড়াল থেকে সব দেখে আমি বারান্দাকে ছুঁলাম।
বারান্দা বলল, " কেমন আছ তুমি?"
আমি বললাম, "কতদিন  ভোর
 দেখিনি।
রোজ সকাল সকাল উঠে
তুমি আমায় জাগিয়ে দিও, 
 কেমন?"
বারান্দার মুখে এক চিলতে রোদের মত  হাসি ।
সে বলল, "এ প্রেম আমার আর রোদ্দুরের
 মধ্যিখানে তৃতীয় ব্যক্তির জায়গা হবে না।"

তৃতীয় ব্যক্তি

মূল বাংলা: মন্দাক্ৰান্তা সেন
অনুবাদ: অৰুণিমা শৰ্মা মহাপাত্ৰ।

সূৰ্য্যৰ প্ৰথম কিৰণ আহি যেতিয়া মোৰ বাৰান্দাখনৰ  কান্ধ চুই যায়,
ৰেলিঙৰ গ্ৰীলবোৰে তেতিয়া  উলাহতে নাচে মতলীয়া হৈ।

সেই নিশাটো মোৰ বাবে  আছিল এক বিনিদ্ৰ নিশা,
আঁতৰৰ পৰাই সকলো চাই আছিলোঁ মই,
লাহেকৈ চুই চালোঁ মই বাৰান্দাখনক।

বাৰান্দাই সুধিলে-"তুমি কেনে আছা ? 
তোমাৰ ভাল নে ?"
মই কলো-"কিমান দিন যে সূৰ্য্যোদয় নাই দেখা !!"
-"সদায় ৰাতিপুৱাতেই মোক জগাই দিবা নে ?"

বাৰান্দাৰ মুখত ফুটি উঠিল এমোকোৰা হাঁহি ।

সি ক'লে - "এই মুহূৰ্তবোৰ যে মোৰ আৰু ৰ'দালিৰ মাজৰ  নিবিড় প্ৰেমৰ"
-"আমাৰ দুয়োৰে মাজত  তৃতীয় ব্যক্তিৰতো কোনো স্থান নাই।"

অঙ্গন: পৃষ্ঠাঃ21
কবিতাঃ

মুখৰ আঁৰৰ মুখ

মঞ্জিত হাজৰিকা

মুখৰ আঁৰৰ মুখত কিমান কথা
বতাহে চুই নোপোৱা 
শব্দই ঢুকি নোপোৱা

কালি সন্ধ্যা বন্ধু মহলত বৰ জমিল
এজনে হাঁহি ৰাখিব নোৱাৰি মাটিত ঢলি পৰিল
ৰাতিপুৱা তেওঁৰ মৃতদেহ নমাই
অনা হ'ল
এজোপা গছৰ পৰা
বন্ধুজনৰ মুখৰ আঁৰৰ মুখখন আমি নেদেখিলো

সদায় হাঁহি থকা এজন মানুহ এদিন পগলা হ'ল
ৰাস্তাই ৰাস্তাই ঘূৰি
তেওঁ কাৰোবাক অকথ্য গালি পাৰে
তেওঁৰ মুখৰ আঁৰৰ মুখখন কোনেও দেখা নেদেখে

ডিঙিত ফুলাম গামোচা পিন্ধি হাতযোৰ কৰি ফুৰা লোকজনে
অনেক কথা কয় 
ভৰসাৰ নাৱত তুলি অথাই সাগৰ পাৰ কৰে
ক্ষমতাৰ বাঘজৰীত ধৰি তেওঁ আমাক পাহৰি থাকে
আমি নেদেখোঁ তেওঁৰ মুখৰ আঁৰৰ মুখখন

সম্বন্ধৰ দীঘলীয়া তালিকাখনত সহস্ৰ আপোনজন
সুখৰ দিনৰ হাঁহিৰ সংগী
দুখৰ দিনত, দুখ দি ৰং চোৱা দৰ্শক
মুখৰ আঁৰৰ মুখখন ইয়াতো অদৃশ্য 

হৃদয়ে হৃদয়ক বুজিলেহে হৃদয়ে বাট বিচাৰি লয়
হৃদয়ৰ পৰা হৃদয়লৈ যোৱা জলফাই ৰঙী বাট

হৃদয়ে হৃদয়ক ঢুকি পালেই
মুখৰ আঁৰৰ মুখখন ওঁঠত জিলিকিব
আৰু মুখখন হৈ পৰিব আনখন মুখৰ দাপোন।।।

ঠিকনাঃ
নকছাৰি
যোৰহাট
6000709096
(সহ সম্পাদক অঙ্গন)

অঙ্গন: পৃষ্ঠাঃ 22

কেনেকৈ কওঁ

বিফুল গগৈ

কেনেকৈ কওঁ
কিদৰে সজতনে সজাইছোঁ-পৰাইছোঁ মোৰ
বুকুৰ মাজৰ আলফুল ঘৰ
তোমাৰ কথা ভাবিলেই
হৰষত হেন্দুলি উঠে হিয়া
ব'হাগৰ প্ৰথম বৰষুণত 
জীপাল হৈ ঠন ধৰি উঠা
পথাৰৰ কোমল বন যেন
বুকুৰ হেঁপাহ
কেনেকৈ কওঁ
কওঁনো কেনেকৈ খুলি
বুকুৰ আলফুল বেথা
কিদৰে সযতনে সজাইছোঁ-পৰাইছোঁ 
মোৰ বুকুৰ মাজৰ
আলফুল ঘৰ !
              
ভ্ৰাম্য নং : ৭০০২৫৪৩৪৭৬
নকছাৰি

অঙ্গন: পৃষ্ঠাঃ 23
চলিথাক চলি থাক ঘেৰঘেৰী লৰী

ৰাজেন বৰা

সঠিক শূন্য অংকণৰ সিদ্ধহস্ততাই চিত্ৰ শিল্পীৰ নৈপুণ্যতাৰ পৰিচায়ক
যি শূন্য সি শূন্য
কি হ’ব পাৰে শূন্যতাৰ আকাৰ, প্ৰকাৰ, আয়তন কিম্বা অৱয়ব
জ্যামিতিক বিধান মনা বৃত্ত জানো শূন্য, যাৰ ক্ষেত্ৰফলো থাকে
শূন্য নহয় উলম্ব কিম্বা অনুপ্ৰস্থ উপবৃত্তও
কিদৰে অঁকা যায় শূন্যৰ নক্সা
শূন্য বুলি হাহাকাৰ কৰা জয়ঘণ্টা লৰা ঘেৰঘেৰী লৰীখনেও লৰি চৰি আঁকি থাকে অবাক সবাক সাৰ্থক অসাৰ্থক অনেক আঁকবাঁক
আচলতে শূন্যৰ পৰা আৰম্ভ নহয় কোনো জীৱন
নতু শূন্যতাৰে পূৰ্ণহৈ নাথাকে জীৱন
দ্ৰৌপদীৰ ৰিক্ত কেৰাহীতো থাকি যায় খুদকণ
শূন্য নহয় জীৱন
তত্ৰাচ জীৱন প্ৰতিটোৱেই একক অনন্য
সংজ্ঞাৰোপন এৰাই প্ৰবৃত্ত হওক জীৱন, জীৱন যাপনত
শূন্যতাৰ দোহাই দি প্ৰতি নিয়ত  যাপনৰে আয়োজন সৰ্বত্ৰ
সংজ্ঞা আৰু সঁজা ভঙাৰ প্ৰযত্ন
নিৰন্তৰ নিৰন্তৰ নিৰন্তৰ...

অঙ্গন: পৃষ্ঠাঃ 24
খিৰিকীৰ সিপাৰে

ৰুদ্ৰ কবিলাস 

আমাৰ বাটৰ মূৰৰ 
সিঘৰ মানুহৰ বাৰীত ফুলি আছে 

খিৰিকীখন খুলি থৈছোঁ

জোনটো জিলিকি আছে
ৰূপালী পোহৰ আহি চোতালত পৰিছে
ভেন্টিলেটৰেৰে পোহৰ অলপ সৰকিছে 
ঠিক সোণাৰু বুলিয়াই

দূৰৈৰ আকাশত এচপৰ-দুচপৰকৈ
মেঘ ওলমিছে অনল-গনল কৈ

ৰৈ থাকিব নোৱাৰি ভিতৰত

বাহিৰত এজাক ফিৰফিৰীয়া বতাহ 
বতাহৰ লগে লগে বিয়পি আহি
গাতে খুন্দা মাৰিছে মাধুৰীলতাৰ সুবাসে

শুনিছোঁ
খিৰিকীৰ সিপাৰৰ পৰা
খিৰিকীৰ ইপাৰে ৰিণিকি-ৰিণিকি 
কিছুপৰ আগতে বজায় থোৱা
দেউতাৰ মুখত শুনা সেই গীতটো

"জিলমিল জোন জ্বলে কপালত 
তিৰবিৰ তৰা জ্বলে নয়নত 
মোৰো যে হৃদয় জ্বলে
তোমাৰে...."

তৰাবোৰ নাই 
জোনৰো যেন গ্ৰহণ লাগিল

মেঘবোৰৰো যেন খোৱা-কামোৰা লাগিছে

যেন নিৰ্বাচনৰ নেতা-পালিনেতা !

চোতালৰ পৰা পোহৰবোৰ ক্ৰমাৎ কমি আহিছে  
ভেন্টিলেটৰখনো এইবাৰ টিউব লাইটৰ পোহৰত ঈষৎ স্বচ্ছ ! 
ধোঁৱাবৰণীয়া ।

সুবাস কিন্তু একেই আছে
বতাহ ছাটিও ঠিকেই বলি আছে ! 

ৰৈ দিওঁ নে
ভিতৰলৈ সোমায় যাওঁ ?

(বি.দ্ৰ. মানুহে ঠিকেই কয় অপেক্ষাৰ মাদকতা সুকীয়া ! )

অলপ ৰৈ দিওঁ । 

অলপ পৰ পাছত আকৌ জোন ওলাব ।

অঙ্গন:  পৃষ্ঠাঃ 25
কাব্যম

শ্ৰী তিলেশ্বৰী বৰা 
 
বঞ্চিত মানৱ জীৱনৰ 
সিদ্ধ শৱদ সমাহাৰৰ চেতন সত্তাই
বৰ্ণময়ী ন ন ৰূপেৰে সংযোজিত হৈ 
সৃষ্টি কৰে কালবিজয়ী সৰ্বোত্তম শিল্পকৰ্ম 
মহাগ্ৰন্থ জ্ঞান সঞ্জীৱনী 
যাৰ নিত্য নতুন অংকুৰণে 
বিশ্বৰ প্ৰান্তে প্ৰান্তে 
প্ৰচলিত সভ্যতা সংস্কৃতিত 
নতুন মাত্ৰা দি উন্মোচিত কৰি আছে 
লিখিত- অলিখিত 
শোভন- অশোভন ইতিহাস। 
হে অমৃত তত্ত্ব জ্ঞানমালিনী 
অনাদিৰো আদি খুচৰি 
কাল্পনিক বাস্তৱিক ভেটি পৰশি 
গঢ় লোৱা গঢ়িব পৰা চেতন সৌধত 
যুগে যুগে আহিছে পিন্ধাই 
মিলনান্তক বৰ্ণময়ী সোণালী ফুলৰ 
একোধাৰী অক্ষয় ৰাগ-ৰঞ্জিত মালা ।

ঠিকনাঃ
হাৱাজান                              
৯৬৭৮৫৮৬৪৫৫

অঙ্গন:  পৃষ্ঠাঃ 26
এটা চণ্ডাল ৰাতি

ৰুমী চাংমাই

পানীৰ অভাৱত মৰুভূমি শুকান
মৰমৰ অভাৱত হৃদয় শ্মশান!

এটা মৃতদেহৰ সৎকাৰত নিমগ্ন নিশা---

তুমিতো নুবুজিবা আবেগৰ প্ৰাবল্য
কেনেকৈ উটুৱাই লৈ যায় কলিজাৰ টুকুৰা

তুমি ভাবি ললা  মই জটিল অংক
সৰল ৰেখাত গৈ থকা যদিও মই পোনপটীয়া উত্তৰ

যিদিনাই বুজিবা সেইদিনাই উপনীত হ'ম শেষ বিন্দুত
তুমি ঢুকি নোপোৱা

এটাই শেষ আশা 
মোক বুজিছা বুজা
কিন্তু ভুলকৈ নুবুজিবা!
হ'ব পাৰে ইয়ো শেষ লেখা...!

অঙ্গন: পৃষ্ঠাঃ 27
নিসংগতাৰ আঁৰে আঁৰে

ৱাহিদ আহমেদ

চকুৰ সন্মুখত দেখা গছজোপা কাইলৈ মৰহি যাব
সেউজৰ আৱৰণ নাইকিয়া হ'ব
মৰমবোৰ মৰম হৈয়ে থাকিব
তোমাৰ সপোনবোৰ সপোন হৈয়েই থাকিব
আজি ভাললগাবোৰ কাইলৈ চকুপানী হ'ব
তোমাৰ অহংকাৰবোৰে তোমাক
আৰু অকলশৰীয়া কৰিব...

তুমি আৱদ্ধ হৈ থকা ঘৰটো এদিন জহিখহি যাব
কংক্ৰিটৰ হ'লেও আজীৱন নিৰাপত্তা নাই
ঘৰৰ ওচৰত থকা জিৰণি চ’ৰাটো ভাঙি যাব
তোমাৰ প্ৰতিটো সময়ত লগ দিয়া মানুহবোৰ
এদিন নিজে নিজে নোহোৱা হ'ব,
স্বাৰ্থ থকালৈকে সেইসকলে তোমাক মাত দিব
তেওঁলোকে তোমাক নিজৰ বুলি ক’ব
স্বাৰ্থ আদায় হোৱাৰ পাছত চিনি নাপাব
আপোন মানুহবোৰো এদিন শত্ৰু হৈ পৰিব

আহিছিলোঁ কাষলে তোমাৰ বৰ আশাৰে
তোমাৰ সোণালী যৌৱনৰ আলিবাটত
তোমাৰ প্ৰতিটো খোজত সংগ দিবলৈ,
মোৰ কিন্তু কোনো স্বাৰ্থ নাছিল,
স্বাৰ্থ সিদ্ধি কৰি অন্যায়ৰ তালিকাখনত
নিজকে অপৰাধী সজোৱাৰ উদ্দেশ্য নাছিল
সততাৰ আৱেগৰে তোমাৰ জীৱনৰ ঢৌত
একেলগে এইবাৰ বসন্ত উপভোগ কৰিম
সেই ইচ্ছা পূৰণ নহ'ল...
তুমি দিয়া স্মৃতিবোৰে বিষাদৰ বৰষুণ আনে
তোমাৰ আচহুৱা কথাবোৰে
মোক বাৰে বাৰে কন্দোৱাই
তোমাৰ আকলুৱা হৃদয়খন কিয় নাভাঙে
তুমিতো কৈছিলা তুমি হেনো বৰ আলসুৱা
আজি দেখোন তোমাৰ সাৰসুৰ নাই...

কথাবোৰ শুনিবলৈ বুজিবলৈ ধৈৰ্য্যৰ প্ৰয়োজন
তোমাৰ কলিজাত তাহানিতে দি থৈছোঁ স্পৰ্শ
তথাপিও তুমি আশ্বস্ত নহয়
অলপমান কথাত ঠেহ-পেঁচ কিমানদিলৈকে
তীক্ষ্ণ বাক্যবাণৰ কবলত চট্‌ফটাই থকা
শৰীৰটো তুমি চুই চাব নোৱাৰা
এতিয়া তীব্ৰ জ্বৰত আক্ৰান্ত
ডাক্তৰে যদি নোৱাৰোঁ বুলি কয়
আকৌ হেৰুৱাব লাগিব জীৱনৰ সুৰীয়া ছন্দ
তেতিয়ালৈকে উপলব্ধি কৰিলেও
সময়কণ ঘূৰাই নাপাবা
তুমি আহিলেও নিঠৰুৱা দেহাটো চাই
সুখেৰে ভাত খাব পাৰিবা জানো ৷

ঠিকনাঃ
কাটাৰ, ডোহা

অঙ্গন: পৃষ্ঠাঃ 28
তোমাক ভাল পাওঁ বাবেই...

দ্ৰোণা চাৰ্য্য হাজৰিকা 
           
তোমাক ভাল পাওঁ বাবেই 
স্মৃতিবোৰে আমনি ক'ৰা পৰত
মই পগলাৰ দৰে
বিচাৰি ফুৰোঁ তোমাক

কেতিয়াবা ব্যস্ত হৈ পৰোঁ
আলি বাটৰ শিলৰ স'তে 
কেতিয়াবা বননিৰ কণমানি চৰাই স'তে
কেতিয়াবা টোপনি যাব ধৰা হৃদয় খনৰ স'তে

মনৰ পৰা স্পৰ্শলৈ
হৃদয়ত মেৰিয়াই ৰাখিছোঁ অৰ্হনিশে
ছন্দৰে ছন্দিত তোমাৰ প্ৰেম

তোমাৰ মনৰ মনিকোঠাত মই নকৈ
পৰিচিত হোৱাৰ দিনত
তুমি আহিবাচোন
হৃদয়ৰ দুৱাৰ মুখত ৰৈ
তুমি খলকনি তুলিবাচোন
দেহ শেষ বিন্দু ৰক্ত লৈকে
তোমাৰ নাম
তুমি বিচাৰিলে়ই পাবা

তোমাক ভাল পাওঁ বাবেই 
স্মৃতিবোৰে আমনি ক'ৰা পৰত
মই পগলাৰ দৰে 
বিচাৰি ফুৰোঁ তোমাক

ঠিকনাঃ
তালাপ, ৰে'ল পাৰা
তিনিচুকীয়া ফোন-৬০০১৯৪৬২৪৩

অঙ্গন: পৃষ্ঠাঃ 29
ল'ৰালি

বাণীকান্ত লহকৰ

যি ভৰি দাঙি দাঙি গৰকা মাৰি
যি কাপোৰ বুলা ভমকাফুলীয়া 
কিম্বা চাধা চিধা
সেই কাপোৰৰ ভাঁজে জীৱনটো সাজে 
আজীৱন ফলক হৈ ৰয়
বাতিকাৰা সময়ত সূতাৰ পাকঘূৰণি 
জঁটলগা চিগি যোৱা 
বিন্ধাই ছালে ব তুলি গাৰিত 
মেৰুৱাই জুৰি দিয়া শালখনি
সেয়াই সপোন সোণোৱালী ল'ৰালি 
পৰিকল্পিত দক্ষ পৰিয়ালৰ পৰিযোজনা 
সম্ফল পৰিণতিৰ অভিযোজনা মুগা 
অদক্ষ অপৰিকল্পিত সাধাৰণ জনৰ 
গাব লগা পুতলফলা চাধা চিধা কাপোৰ।

অঙ্গন: পৃষ্ঠাঃ 30
পথাৰৰ অসুখ

ৰীনা বুঢ়াগোহাঁই বৰুৱা

দোপালপিটা বৰষুণত তিতি
জুৰুলি জুপুৰি পথাৰ
আজি দুদিন মানৰ পৰা
পথাৰৰ তীৰকঁ‌পে জ্বৰ ।
বাৰিষাৰ বৰষুণ জাকত
সৃষ্টি হোৱা বানপানীয়ে
পথাৰৰ বুকু উৰ্বৰা কৰিছে ।
কৃষকৰ নাঙলৰ সীৰলুৰ
কপাটত লাগি 
তল ওপৰ হৈছে ভূমি
বুকুৰ ওপৰত চলা
বুলডেজাৰৰ অভিনৱ  অত্যাচাৰ ।
ধুমুহাৰ গতিৰে মাটি ফালিছে
জেঠতেই কঠীয়া পৰাৰ 
প্ৰতিযোগিতা চলিছে
খেতিয়কৰ মাজত ।
চকুৰে ধোঁ‌ৱা কোঁ‌ৱা দেখিছে পথাৰে
ৰ'দ টানিলেই যে পথাৰৰ বুকু ফাটি
পুনৰ ছিৰলা ছিৰিল হ'ব ।
শুস্কতাৰ আৱৰণে
গ্ৰাস কৰিব পৃথিৱীক 
শস্যকণাই পথাৰতে চিপজৰী ল'ব ।
আমি চাই থাকিম
অসহায় হৈ
পৃথিৱীৰ মানুহে ।

ঠিকনাঃ
জাঁজী/ শিৱসাগৰ
৮৪০৩৯৩৪৪১৪

অঙ্গন: পৃষ্ঠাঃ 31
সেউজীয়া বননি

মিনাক্ষী গগৈ

সেউজীয়া বননিত,
নানা ৰঙী ঘাঁহনিত
যত দিয়া ফুলৰ দলিচা পাৰি,
মৃদু মলয়াই দিয়ে হাঁহি।
হাঁহি হাঁহি ফাগুনৰ মলয়াই,
দিয়ে যাচি ফুলৰ চানেকি।
খিল খিলাই খিল খিলাই,
কিয় কৰৰ আমনি।
সেউজীয়া বননিত।

ঠিকনা : 
মেলেঙীয়াল গাঁও ,
যোৰহাট জিলা।

অঙ্গন: পৃষ্ঠাঃ 32
পুৱাৰ পোহৰ

জয়শ্ৰী শৰ্মা

মোৰ পদুলিত সেউজীয়া পাতৰ দলিচাবোৰত 
পুৱাৰ পোহৰবোৰে নানা ৰং ছটিয়াই, সৰু সৰু পতংগ বোৰেও জিলমিল চিক্‌মিক কৰি গুণ গুনাই,
ভিজা ভিজা নিয়ৰৰ টোপালবোৰ অন্তৰ স্পৰ্শ কৰি জিপাল কৰি তোলে, 
ফৰকাল হৈ পৰে মন মগজু, প্ৰতিটো পল এটি এটি সুবাস কঢ়িয়াই আনে
প্ৰতিটো দিন নতুন কিবা যেন এটা প্ৰেৰণা যোগায়।

উৎকণ্ঠাৰে ভৰপূৰ কিবা যেন ভাল লগা,
আকৌ এটা নতুন দিনৰ আৰম্ভণি,
পুৱাৰ পোহৰ বিলাই যায়,

ৰঙীণ কুঁহিপাত ওলাই প্ৰকৃতিৰ বুকুত ৰূপ দিয়া সুন্দৰ ধৰণী, ক'ত যে মায়া লুকাই থাকে,
কৰ্ম মুখি হৈ পৰে প্রতিটো প্ৰাণী,
পুৱাৰ পোহৰলৈ বাট চাই,

জীৱন নদীৰ দুটি পাৰ শেষ নোহোৱা লৈ 
জিলিকি থাকে মাথোঁ হৃদয়ত তীব্ৰ গতিত 
পোহৰৰ মেলা, এক গভীৰ অনুভূতি,
পুৱাৰ পোহৰ।। 

ঠিকনাঃ
শিক্ষয়িত্ৰী 
নলবাৰী, অসম

অঙ্গন: পৃষ্ঠা 33
মাটি আৰু মানুহ

জয়ন্ত বৰা

প্ৰৱল ইচ্ছা আছিল
এজোপা বৌদ্ধ বৃক্ষ হৈ
সেউজ সাধু এটাহৈ
জীয়াই থাকিবলৈ

সেউজীয়াক বুকুত লৈ
আৰ্তনাদ কৰি 
দৌৰি ফুৰিছোঁ
বন জুইয়ে খেদি ফুৰিছে
ভাগৰত কলিজাই ঘনে ঘনে
সেপ ঢুকিছে
দুয়োটা ভৰিৰ 
সেউজীয়া পতাত
জ্বলা ফুটিছে 
যন্ত্ৰণাত ৰাজহাড় দহিছে
হয়তো পুৱাই উঠি 
ৰ'দত কৈ আগতে আহে
বনজুইৰ উত্তাপ
সেই উত্তাপতে ধান জ্বলে
আকাশত উৰি ফুৰে ভোকাটোৰ চৰাই 
 
তথাপিও আশাৰ ফুলনিত
নৈ-পৰীয়া সপোনে সাৰ পায়
পানীৰ তলৰ জোনৰ পোহৰত
জুমি চাওঁ 
বৰষুণ আচ্ছাদিত শাওন
অজানিতে সোমাই যাওঁ
পলসুৱা ঘামত 
   
হেঁপাহৰ নৈ বোৱাই 
সিঁচি দিম 
সোনগুটিৰ বীজ

অঙ্গন:  পৃষ্ঠাঃ 34
অৱগাহন

আকাংক্ষা বৰা

ৰ’দ হোৱা জানো সহজ ?
বৰষুণ হোৱা জানো সহজ ?
একোৱেইতো সহজ নহয়
হৃদয়ত শিল ৰাখি জানো কোনোবাই লিখিব পাৰে
ভালপোৱাৰ গান
কথা আছিল লগ দিয়াৰ
তুমি মই আমি হোৱাৰ
ভীৰৰ মাজতো হেৰোৱা নাছিল মায়াময় পৃথিৱীৰ মৌসনা সুৰ
কথাবোৰ শেলুৱৈ হৈয়েই ৰ’ল ৷
অন্ধকাৰ কোঠালিত বন্দী
পুৰাতন পৃথিৱীৰ পৌনঃপুনিক  পল
বন্ধ খিৰিকীৰ সিপাৰে এতিয়া
বাখৰুৱা জোন
আৰু ইপাৰে মাথোঁ অমাৱস্যাৰ অৱগাহন

ঠিকনাঃ
খনিকৰ গাঁও

অঙ্গন: পৃষ্ঠা 35
সৰু সৰু ভাৱনা 

বিজয়া গগৈ

সমীকৰণৰ শূণ্য ফলাফলৰ  নাটক।

এটি নিখুঁত সত্য।

তেওঁ দুৱাৰ-ডলিত ৰৈ থাকে
এটি খোজ ইপাৰে এটি সিপাৰে।

এটি নেত্ৰই সুৰুঙাতে বৈতৰণী পাৰ হয়
ধুনীয়াই মোহিত কৰে।

চুলি শিপা, চাৰুলীয়া শিপাবোৰে
ৰচী টনা খেলখন বাৰুকৈ‌য়ে এঘড়ী খেলে।

আই চি ইউত হিচাপ-নিকাচ 
কোন জিকে কোন হাৰে।

তয়াময়া ৰণে তুঙ্গত নাচে।

এপাকত ঘাই শিপা আস্ফাল খাই  
ছিটিকি পৰে শিপাই খামুচি ধৰা মাটি।

'উত্তৰ শূণ্য '
তাকে লেখি চিকিৎসকে
হাত সামৰি আঁতৰি যায়।

আকৌ নতুন এটা অংক কৰিবলৈ।

সমীকৰণৰ অংক খেলাখন বৰ নিখুঁত।

অঙ্গন: পৃষ্ঠাঃ 36
খোজ

যুগল বৰা

কি যে এই প্ৰেম…
সাৰে দেখা সপোন 
নে হৃদয়ৰ ভাঁজত ফুলি থকা ৰজনীগন্ধা

ৰৈ চাওঁ দিগবলয়
খোজত ফুলে খোজ …
এধানি আকলুৱা হৃদয়

বুজাব খুজিছা বুজিব ধৰিছোঁ
ৰ'দফুলীয়া হাঁহিত
এতিয়া মোৰ সমস্ত প্ৰত্যয়…

অঙ্গন: পৃষ্ঠাঃ 37
কবিয়ে বাৰু কবিতা কেনেকৈ লিখে ?

শিৱানী বৰুৱা

কেতিয়াবা মোৰো মন যায় অব্যক্ত সুৰৰ এটি কবিতা লিখিবলৈ ।
কিন্তু, কবি যে নহ'লো মই ! 

তথাপিও জানিব মন
কবিয়ে বাৰু কেনেকৈ লিখে  কবিতা ? 
কলিজাৰ কেঁচা তেজেৰে  কেনেকৈ পখালি লয় কাপটো ?
কেনেকৈ বাৰু কলমে নিগৰাই দিয়ে 
অকথিত ওজনৰ ভৰ, টোপাল টোপাল কৈ ? 

 কবিৰ সূক্ষ্ম হাতৰ কোলাত কেনেকৈ উমলে আৱেগে ?
কেনেকৈ নিথৰ হৈ থকা মুহূৰ্তবোৰতো
লৌকিক আৰু সৌন্দৰ্য্যৰ জোৱাৰৰ পৰা এজাক সপোন সৰে ?
কবিয়ে বাৰু কবিতা কেনেকৈ লিখে ?

সেইদিনা জুহালত বহি আইয়ে  শিকাইছিল  , 
হ'ব পাৰে কবিতা, কল্পনাৰ এডাল দীঘল সূতা,
তথাপিও 
লিখোঁ বুলি ক'লেই 
লিখিব পাৰি জানো কবিতা ?

কিন্তু, ক'ত নাই কবিতা ...
মৰতৰ প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ আছে কবিৰ কাব্যিকতা ।
কবিতাৰো যে আছে এটি  বিশেষ ভাষা ।
য'ত নিৰৱ শব্দবোৰে বিচাৰি পায় ছন্দ লহৰৰ ঠিকনা ।

শ্ৰৱণৰ তৃপ্তিৰে, উৎকৃষ্ট শব্দৰ উপযুক্ত বিন্যাসেৰে 
শব্দৰ ঢৌবোৰে হৃদয়ত হিল্লোল তোলে ।
হয়তো কবিতাই ইয়াৰ পৰা  পৃথিৱীলৈকে 
এনেকৈয়ে পথ নিৰ্ধাৰণ কৰে।

 ফোন : ৬০০১৫২২৯৮৫

অঙ্গন:  পৃষ্ঠাঃ 38
শাওণৰ ভৰুণ পথাৰ 

নিজৰা বৰ্মন ডেকা

শাওণৰ ভৰুণ পথাৰত কাঁচিয়লি ৰ'দালি 
ডাৱৰৰ ফাঁকেৰে মাৰেহি ভূমুকি, 
বোকাময় পথাৰত ৰিমঝিম ৰিমঝিম বৰষুণ 
যেন ৰোৱনীৰ আনন্দৰ চকুপানী ।
কৃষকৰ আশাৰ সোণগুটি লৈ
শাওণ নামি আহে ধৰালৈ
আশা বাদী কৃষকৰ 
সীৰলুৱে সীৰলুৱে সিঁচা কঠীয়াবোৰ
প্ৰাণপায় উঠে লহপহীয়াকৈ ।
বৰ্ষাৰ পৰশত গাভৰু হ'ব 
গুজি গুজি ৰোৱা ধানৰ কঠীয়া
আনন্দত গীত গায় গৰখীয়া ডেকা , 
শাওণৰ পথাৰ হ'ব শস্য সম্ভৱা 
সোণগুটি ধাননি হ'ব সোণাৰু ফুলীয়া।
শাওণৰ পথাৰত আবেলিৰ বেলিটিয়ে 
সিঁচি দিয়ে সেন্দুৰীয়া ৰ'দালি 
দূৰ দিগন্তত জোনটিৱেও সিঁচিলে জোনাক 
শাওণৰ পথাৰ ঢাকি
চিৰ সেউজ হৈ উঠিল প্ৰকৃতি ৰাণী ।

অঙ্গন:  পৃষ্ঠাঃ 39
গল্পঃ

জীৱন 

মুনমী চেলেং 

: নেমু এডোখৰ মোকো দে... 
নবীনৰ কথাত মিচিকিয়াই আগবঢ়াই দিলে সেউজীয়ে নেমুডোখৰ। 
পথাৰৰ পৰা আহিয়েই দুয়োটা দমকলৰ পাৰত বহি লৈছেহি। সেউজীয়ে নেমুৰে খুউব ঘহিছে ভৰি দুখন। আনকালেও তাই নেমু মাৰে ভৰিত, তেহে তাইৰ সেইকেইটা নিজৰ ভৰি যেন লাগে। নবীনে কিন্তু একো যতন নলয় । সি প্ৰায়েই কয়..
"এহ্... গৈয়েই থাকিব লাগিব পথাৰলৈ। হাত ভৰি বগা কৰিলে কিটো হ'ব ? আকৌ বোকা লাগিবই!" 
মুখেৰে একো নকয় সেউজীয়ে। মাথোঁ মিচিকিয়াই।
          আজি অৱশ্যে ইয়াৰ ব্যতিক্ৰম হৈছে কাৰণ আজি ভূই ৰুই শেষ হৈছে লগতে পথাৰৰ দায়িত্বও অলপদিনৰ কাৰণে শেষ হৈছে। পথাৰ অবিহনে সিহঁতহাল নিস্প্ৰাণ  যেনে দৰে এটা আনটোৰ অবিহনে। পথাৰেই সিহঁতৰ প্ৰথম প্ৰেম । পথাৰেই শিকাইছিল সিহঁতক আদৰ হেঁপাহবোৰ ব্যক্ত কৰাবলৈ। নহ'লে জানো তাই নবীন হেন পাহোৱাল ডেকা এটাক মনৰ আৱেগবোৰ প্ৰকাশ কৰিব পাৰে ...? আহাৰ-শাওনৰ বোকাময় পথাৰ মানেই নবীন আৰু তাইৰ ভৰুণ আকাশ ... 

: ঐ কি ভাবি আছ । চাওঁ পিঠিখনত পানী টিং ঢালি দেছোন। 
        নবীনৰ কথাতহে তাইৰ যতি পৰে। তালৈ চাই চাই আকৌ উভতি গৈছিল তাই পথৰুৱা দিনবোৰলৈ।
লৰালৰিকৈ পানী টিং ঢালি দিয়ে তাই। ভোলৰ জিমটোৰে পিঠিখনো ঘঁহি দিয়ে। গা পা  ধুই সি কাপোৰসাজ পিন্ধি মজিয়াতে পীৰাখন পাৰি বহিলহি। ঘটিৰ পানীখিনি দুটা গিলাছত বাকী থ'লে। 
সেউজীয়েও ভাত কেইটা বাঢ়ি আথে বেথে তাক দিলেহি। 
: তোলৈও আন আক' লগতে।

 মূৰ দুপিয়ালে তাই.. 
আজি পাঁচ বছৰেই হ'ল সেউজী নবীনৰ জীৱনলৈ অহা। সৰুতেই মাকক হেৰুওৱা নবীন পিতায়েকৰ নজৰ বন্দীতে ডাঙৰ হোৱা । দুই এক শ্ৰেণী নপঢ়া নহয় সি, কিন্তু চহৰলৈ প্ৰায়েই শাক পাচলি বিক্ৰী কৰিবলৈ যোৱা পিতায়েকৰ কামত লাচনি পাচনি হ'ব লগা হৈছিল সি। বতৰৰ শাক বতৰত ৰোৱা, গুটি পচোৱা, যতন লোৱা, সাৰ গোবৰ দি আপডাল কৰা। কিমান যে কাম। এই আপডাল নহ'লে যে সিহঁতৰ পেটে আপডাল নাপায় । 
দিনৰ বেছিভাগ সময় পিতায়েকৰ লগত লাগিয়েই কটাই দিছিল সি। স্কুলৰ প্ৰধান শিক্ষক আহি দুদিনমান কৈ থৈয়ো গৈছিল স্কুল খতি কৰাটো যে ভাল কথা হোৱা নাই। পিছে নবীনৰ হে গা নলৰিল। ঘৰুৱা কাম-বন কৰিয়েই সি বেছি ভাল পোৱা  হ'ল। পিতায়েকৰ কথাও সি আওকাণ কৰিলে। পিছলৈ পিতায়েকেও কবলৈ এৰিলে। 
লাহে-লাহে সি ডাঙৰ হৈ আহিল। চহৰলৈ শাক পাচলি বিকিবলৈ সিও যাব পৰা হ'ল। পিতায়েকৰ সাহস বাঢ়িল। কৰ্মত পাকৈত নবীনক দেখি তেওঁৰ স্কুল নপঢ়াৰ দুখে আৰু আমনি নকৰা হ'ল। শাক পাচলি বিক্ৰী কৰি পোৱা টকাৰে লাহে লাহে বন্ধকৰ মাটিডোখৰো খুলিলে। বলধ এহালো ল'লে। সুখবোৰ বুটলি লৈছিল বাপেক পুতেকে। 
নিজৰ মাটিত খেতি কৰি পোৱা ধানৰ সোৱাদে দুয়োৰে বুকু ভৰাইছিল। অকনমানি ভড়ালটো অলপ ডাঙৰ কৰিছিল। নবীন আৰু সেউজী বিয়াৰ দুবছৰ পিছতে পিতায়েক গুচি গৈছিল তাৰ মাকৰ ওচৰলৈ। হিয়া ঢাকুৰি কান্দিছিল সেইদিনা নবীন আৰু সেউজীয়ে। ঘৰৰ মূল খুটি ল'ৰিল। 
          পিতায়েকে দি থৈ যোৱা বুজনি, দিহা পৰামৰ্শৰে সি আকৌ আগবাঢ়িল। এইবাৰ ,  লগত সেউজী। কি নকৰে তাই তাৰ কাৰণে। আহাৰৰ ৰোৱনী আঘোনৰ দাৱনী হয় তাই। পকা সুমথিৰাৰ দৰে চেহেৰাটো ৰ'দে পুৰি কেহৰাজ বৰণ কৰিলেও তাইৰ একো দুখ নাই। নবীন আছে লগত ... আশ্বাস এয়া ... বিশ্বাস এয়া...।

  ভাত খাই থাকোতে আজিও তাইক বুজাই আছে সদায় বুজোৱাৰ দৰে ... " জীৱনটো এয়াই। ইয়াতকৈ আৰু বেছি আশা নকৰো মই । ভগৱানে ইয়াতকৈ আমাক কি দিব ক ? বেছি বিছাৰি হাবাথুৰি নাখাওঁ মই,  তয়ো নাখাবি। "
 তাই মূৰ লৰালে।
: আৰু শুন, সূতা কেইমুঠি আনি থোৱা চাৰি পাঁচ দিনেই হ'ল। আজিৰ পৰা আৰু তই আজৰি। কাইলৈ বতৰ ভালে থাকিলে আইজনী নবৌকে মাতি আনি সুতাখিনি বাতি পেলাবি। তাঁতশাল খন বাৰু মই আবেলিলৈ ঠিক ঠাক কৰি দিম। আৰু শুন .. আজাৰ ৰঙটোৱে তোক বৰকৈ শুৱাই। সোনকালে বৈ উলিয়াবি । তোক সেই সাজেৰে চাবলৈ ৰৈ আছো।

  লাজে হেঁচি ধৰিলেহি সেউজীক। নবীনৰ চকুলৈ আৰু চাব নোৱাৰিলে তাই। 
 এই সময়কন নবীনৰ বৰ প্ৰিয় । এই চাৱনিত আজিৰ পৰা ছয় সাত বছৰৰ আগৰ সেউজীজনীক দেখে সি। বোকাৰে লুতুৰিপুতুৰি  সেউজীজনীক... নৰানিত দৌৰি ফুৰা , মেটেকা পাতেৰে পেঁপা বজোৱা ... তালৈ চাই মিচিকিয়াই থকা সেউজীজনীক। 
  সুখবোৰ বিয়পি পৰে আকৌ। 

  অলপপৰ বিছনাত শুই আবেলিলৈ তাঁতশাল খনৰ খুটি কেইটা অলপ টানকৈ চবিয়াই দিলে নবীনে । 
  চাহৰ কাপটো নবীনৰ কাষতে থৈ তাই লৰ মাৰিলে দমকলৰ পাৰলৈ... 
উৱক.. উৱক...ৰখাবলৈ চেষ্টা কৰিও নোৱাৰিলে তাই। দিনত খোৱা গোটেই ভাতখিনি ওলাল। অলপ সময়ৰ বাবে মূৰটোও ঘূৰোৱা যেন লাগিল তাইৰ। নবীনে পিছফালৰ পৰা মোহাৰি দিলেগৈ তাইৰ পিঠিখন। 
: কি হ'ল আকৌ। পেটত গৰম সোমাইছে তোৰ জান নে।এইকেইদিন ৰ'দটো মূৰতে লৈ কাম কৰিলি যে। ইছ্...একো হজম নহ'ল। গোটেইখিনি ওলাল। 
          তাইক ধৰি লৈ আনি পিছফালৰ বেঞ্চখনতে বহাই দিলে। পানী এগিলাচ আনিও খোৱাই দিলেহি। এতিয়াহে তাই অলপ শান্তি পোৱা যেন পাইছে। অলপদিনৰ পৰা তাইৰ এনেকুৱা হৈয়েই আছিল । পুৱা উঠি চোতাল সাৰি গা ধুবলৈ যাওঁতেই হয়। নবীনক বুজোৱা নাছিল তাই। পথাৰৰ দিন। খেতি মাটিৰ কামতকৈ তাইৰ এই সাধাৰণ বমি বমি ভাৱ অহাটো বেছি ডাঙৰ কথা নহয় । আজি আকৌ হাতেলোতে ধৰিলে নহয় ! 

: গাটো বেয়া লাগিলে মোক বুজায় দিবি। মই সাউতকৈ পোনাকন কাইটিৰ পৰা পানী অকণ কাটি আনিমগৈ। এনেকে বমি কৰি থাকিলে দুৰ্বল হৈ যাবি। 
         হয়, তাই দুৰ্বল হৈ যাব। কিন্তু এই দুৰ্বলতাই তাইক জানো দুৰ্বল কৰিব পাৰিব। উহু, নোৱাৰে... বুজি পাইছে তাই কিয় দুৰ্বল অনুভৱ হৈছে তাইৰ। কিয় মাজে মাজে বমি বমি ভাৱটো আহি থাকে। ঘৰত থাকোতে মাকন নবৌয়েকক দেখিছিল কেনেকৈ গোটেইজনী জয় পৰি গৈছিল। কিছুদিন পিছতে সিহঁতৰ ঘৰলৈ সুখবৰটো আহিছিল। লাজটোৱে আকৌ বেঢ়ি ধৰিলেহি তাইক। কাকনো ক'ব কিনো ক'ব। ক'বলৈ নবীনৰ বাহিৰেটো কোনো নাই। মাকৰ ঘৰলৈও বহুত দিন যোৱা নাই। বৌয়েকক ক'বলৈও লগেই পোৱা নাই। নাই তাই এই সুখবৰটো প্ৰথম নবীনকেই দিব। আজি নহয় .. কালিলৈ পুৱাতেই দিব। মুখেৰে একো ক'ব নোৱাৰিলেও আকাৰে ইংগিতে বুজালে বুজি পাবনে বাৰু নবীনে ? চাবলৈ মন গ'ল তাইৰো, মৰমৰ মানুহজনৰ উচপিচনিবোৰ। আজি ৰাতিটো যাওক । সেউজীৰ কষ্ট হয় বুলি ৰাতিৰ ভাতসাজ নবীনেই ৰান্ধিলে। তাই ওচৰতে বহি চাই আছে, মানুহজনৰ কামবোৰ। ইমান আটোম-টোকাৰিকৈ কৰে প্ৰতিটো কাম। ভাত ৰান্ধিবলৈ সৰুতেই শিকা নবীনে। ক'বলৈ গ'লে পাকৈত ৰান্ধনি। আজিৰ ভাত সাজো সোৱাদ হৈছিল । বহুত দিনৰ মূৰত নবীনে ৰন্ধা ভাত এসাজ খালে তাই। 
          ৰাতি বিছনাত তাইক কপালতে এচুমা দি সাৱটি ধৰি শুই থাকিল সি। মৰমৰ উমত সেউজীও টোপনি গ'ল । বাহিৰত তেতিয়া দোপালপিতা বৰষুণ। মাজতে নবীন উঠি ঘটিৰ পৰা পানী খালে  । সেউজীয়ে উমান পাইছে। 
জ্বলি থকা লেম্পৰ পোহৰটোও ক্ষীণ হৈ আহিছে। 
সি আকৌ উঠি বহিল। 
"বুকুখন দেখোন বৰকৈ বিষাইছে ঐ.."
সেউজীয়ে ধহমহাই উঠি বুকুখন মোহাৰি দিলে তাৰ। 
পানী অলপো আকৌ খোৱাই দিলে। এইবাৰহে লাগিল কেণাটো...। চৰচৰনি খাই অৱস্থা কাহিল হৈ পৰিল। নৰখাই হ'ল চৰচৰনি । চকু কেইটা ৰঙা পৰি চলচলীয়া হৈ পৰিল। কি হৈছে একো তত্ ধৰিব পৰা নাই সেউজীয়ে। চকুপানীখিনি মচি মচি  বুকুখনৰ লগতে পিঠিখনো  মোহাৰি দিলে তাই। এবাৰত গৈ লেম্পটো অলপ বঢ়াই থৈ আহিল। 
আকাৰে ইংগিতে সুধিছে তাই " অলপ ভাল পাইছেনে" 
নাই , নবীনে মাথোঁ চাই আছে তাইলৈ। শেষলৈ কেইটামান দীঘল দীঘল হিকটি টানিলে।
বুকুখনত থকা তাইৰ হাতখন ধৰি শুই পৰিল সি আকৌ এবাৰ। সেউজীয়ে গোটেই গাটো জোকাৰিছে তাৰ। নাই, একো সাৰ সিকতি নাই। 
এইবাৰ হয়তো সি নুঠে। 
সেউজীয়ে বুজিও বুজিবলৈ দিয়া নাই মনটোক। 
এনেকৈ জানো এৰি যাব পাৰে, নাই, কেতিয়াও যাবলৈ নিদিয়ে তাই। একেলগে থকাৰ কথা আছিল। দুয়ো জীৱনৰ দুখবোৰ হেলাৰঙে পাৰ কৰাৰ কথা আছিল। আজাৰৰঙী সাজেৰে নবীনৰ সেউজী হোৱাৰ কথা আছিল।
আচল সুখকণ আহিছিলহে,
ক'বলৈকে নাপালে দেখোন তাই...। চিঞৰিব বিছাৰিছে তাই, নাই পৰা চিঞৰিব।
কাক মাতিব কোনে শুনিব
মাজৰাতি দোপালপিটা বৰষুণৰ উম লৈ সকলো শুই নিঃপালি দিলে। তাইৰ দৰে কোন সাৰে আছে ?
বলধহাল ? হয়, হেম্বেলিয়াইছে সিহঁতে । বাকীবোৰ সাৰে থাকিলেও তাইৰ কণ্ঠ কাৰো কৰ্ণগোচৰ নহয়গৈ। পুৱা হ'বলৈ এতিয়াও বহু বাকী,
নবীনৰ নিঠৰ দেহাটোৰ কাষতে বহি আছে তাই ।
এখন হাত নবীনৰ হাতৰ মুঠিত আনখন তাইৰ তলপেটত।

অঙ্গন:  পৃষ্ঠাঃ 40
বিবৰ্ণ পৃষ্ঠা আঁতৰাই

এমিলি ফুকন, শিৱসাগৰ

নোৱাৰ' মিনু এইবোৰ তোৰ কাম নহয়।থ দেই কোৰখন মিছাতে দাঙি হাত বিষাইছে বুলি নিচিঞৰিবি।অথনিও বাপেৰৰ লগত মৈয়াই আছিলি।মুঠতে ভিতৰুৱা কাম আৰু তাঁত বোৱা এইবোৰ কাম কৰি বেয়া পাৱ ।

:- মোৰ কাম নহয়!আইতা মোৰ কাম কোনবোৰ?কিয়নো কামৰ ভাগ-বতৰা কৰা এনেকৈ? আমি যি কাম মনেৰে পাৰিম বুলি ভাবোঁ সেয়া কৰিব লাগে।কি এইটো ছোৱালীৰ কাম এইটো ল'ৰাৰ কাম কৰি থাকা?মাৰ কিবা হ'লে দেউতাই সহায় নকৰে নেকি? তাৰমানে কি দেউতা মাইকী হ'ব নে? আৰু মায়েও পাৰ্যমানে সহায় কৰে দেউতাক তাতনো কি হ'ল?ময়ো মাৰ উপৰিও দেউতাকো সহায় কৰিব খোজো।

:-হেৰৌ মৰতীজনী হাতত ঢৌ উঠিব ৰহ সেইকাৰণে কৈছোঁ। ছোৱালীৰ হাত কোমল-আমল হ'লে ভাল।বিয়া -বাৰু হোৱাই নাই এতিয়াই এইখন কৰি ল'লে হৈছেই আৰু।

:-টান হ'লেনো কি অপকাৰ হ'ব?যদি কাৰোবাক উপকাৰ কৰিলে মোৰ হাত টান হয় হওক।কোমল হাত লৈনো কি কৰিম মই?অকল বিয়া বিয়া বিয়া।
মুখৰ ভিতৰতে ভুৰভুৰাই আছে তাই। খোলাকৈ ক'লে মাকে মুখতে জপতিয়াই দিবহি তাইক।মুখে মুখে উত্তৰ নিদিবলৈ কয়। কিন্তু তাই কৈ পায়।

:- তোৰ পৰা আৰু একো নোৱাৰি দেই।যি কৰ কৰি থাক।
মাকেও ভিতৰৰ পৰা বকিছে এইজনীৰ মুখখন লাওপাত-কচুপাত বুলি। এনেই তাই মাত নামাতে আচলতে মাতিও লাভ নাই। কিন্তু  সকলো ক্ষেত্ৰতে ল'ৰা -ছোৱালী আৰু কামৰ ভাগ-বতৰা কৰিলে বেয়া পায়।যি কাম কৰি যিয়ে মনৰ সন্তুষ্টি লাভ কৰে সেয়া কৰিব লাগে।তাৰ পৰা নিজৰ লগতে সমাজৰ একো অপকাৰ নহ'লে হ'ল। চিধা-চিধি কথা কোৱাৰ বাবে মুখচোকা, অহংকাৰী আদি বহুতো উপাধি পাই থৈছে ।অৱশ্যে তাইৰ এইটো স্বভাৱ কিছুমান মানুহে সন্মান কৰে। বিশেষ মানুহ যিবোৰক তাই মনেৰেও সন্মান কৰে। আচলতে যিয়েই যি নকওক লাগে মিনু স্বাভিমান, আত্মসন্মানবোধ থকা ছোৱালী। সময়ৰ সোঁতত আগুৱাই যাব নোৱাৰিলেও পিছপৰি যাবও নোখোজে।তাই নিজকে মানুহ বুলিয়েই ভাবে ৰবট নহয়।ৰবটেহে আনে যি কৰে যি কয় তাক মানি চলে। মানুহ হ'লে নিজৰ বিচাৰ -বিবেচনা, বুদ্ধিমত্তাৰে কাম কৰে।জীৱনটো পাইছে যেতিয়া তাই ধুনীয়াকৈ নিজৰ মতে সজাই আগবাঢ়িব খোজে।বেয়া দেখিলে,শুনিলে মুখতেই মাত মাতে সেইকাৰণে তাইক মুখচোকা বুলি কয়।কওক কিন্তু তাইৰ দৰে শিক্ষিত বোৰেই যদি বেয়াবোৰৰ প্ৰতিবাদ নকৰে কোনে কৰিব? ভালপোৱাবোৰ যেনেকৈ প্ৰকাশ কৰিব খোজে বেয়াবোৰ আনে লুকুৱাই ৰখাৰ দৰে নাৰাখি তাই কৈ দিয়ে। তেতিয়া শুধৰণি আহিব।যদি হয় হয় বুলি মূৰ জোকাৰি থকা হয় ভুলবোৰ আঁতৰিব কেনেকৈ?সময় থাকোঁতেই কামবোৰ উচিত ৰূপত কৰিব লাগে। তেতিয়াহে সমাধান ওলায়।শব্দৰ আঘাত চুৰীৰ আঘাততকৈ কম নহয় বৰঞ্চ বেছিহে। গতিকে তাই জানে ক'ত কেতিয়া কেনেকৈ ক'ব লাগে।
দুপৰীয়া বেতগাজৰ ভাজিৰে ভাতখিনি খাই থাকোঁতে কথাবোৰ ভাবি আছে তাই।যদিও এই তিতা,টেঙাবোৰ সুৱাদ মিঠা নহয় সি মিঠাতকৈ বেছিহে উপকাৰ কৰে। ঠিক সেইদৰে মিঠা মিঠা মাতেৰে মতা সকলো মানুহ জানো মনেৰেও মিঠা হয়?চিধাকৈ কোৱা জন এই তিতাখিনিৰ দৰে সহিব নোৱাৰা ধৰণৰ। তথাপি এইসকলে স্বাৰ্থপৰৰ দৰে আনৰ লগত লাগি নাথাকে।কাৰ ঘৰত কি হৈছে,কোন কাৰ লগত কেনেকৈ আছে এইবোৰ চাই নুফুৰে।নাই নাই আনে বেয়া পাব বুলি তাই এইদৰে থাকিবনে?চাকৰিৰ পিছত কি দৌৰিয়েই থাকিব নেকি?তাই চেষ্টা কৰিব যদি সফল হয় ভালেই আৰু যদি নহয়? অৱশ্যে মিঠাৰে যদি সকলোকে একত্ৰিত কৰিব পাৰি তেনে মিঠা খাব লাগে। কিন্তু বেছি মিঠাও বেয়া পৰুৱা বগায়।এয়া তাইৰ আইতাকৰ মুখত শুনা কথা।

:-আৰু যদি নহৱ তই তোৰ মনে কোৱা কামবোৰ আৰম্ভ কৰ।

:-মনোজ তই!

:- অও মই।বাঁহ কাটিবলৈ আহিছিলোঁ।কালি বতাহত কুকুৰাৰ ঘৰটো ভাঙি থাকিল অ' তাকেই মেৰামতি কৰিব লাগে। এইটো বতৰত কি কৰিবি আৰু!

:- মই আকৌ আৰম্ভ কৰোঁ ন? মাক কওঁতে এতিয়া পইচা নাই বুলি ক'লে।

:-মই দিম তোক। তেনেকৈ চাব নালাগে দে। জানো এনেকৈ নলৱ বুলি।ধাৰলৈ ল যেতিয়া পাবি ঘূৰাই দিবি। কিন্তু তই মনৰ সুখৰ বাবে নিজে ভবাখিনি কৰ।শুনচোন জীতেনৰ পুতেকৰ বাৰ্থডে আছে বোলে পেৰা,কেক আৰু বিস্কুট এইবোৰ তয়েই দিব পাৰিবি বুলি কৈ দিছোঁ মই।সি তোক এবাৰ ফোন কৰিব দেই।

:- মোক নোকোৱাকৈ তই আগতেই কৈ দিলি যে?

:- তইতো চাই লও,পাৰিম জানো এইবোৰ ভাবি থাকিবি সেইকাৰণে মই চিধাকৈ কৈ দিছোঁ। এতিয়া আপত্তি কৰাৰ কথাই নাহে। আৰু শুন তোৰ দৰে চিধা ছোৱালীজনীহে হতাশ হ'লে ভাল নালাগে।ইভাগে কাজিয়া কৰিবলৈ বৰ বৰ কথা এইবোৰত হ'লে নাই।বৰ্তমানটো চা ভৱিষ্যত সুৰক্ষিত হ'ব নহয়।নিজৰ মনোবল কেতিয়াও নেহৰুৱাবি।

:-তোক ঘৰত চাকৰিৰ কথা কয়নে?

:- কয় কিন্তু চাকৰি পাওঁ বুলিয়েই জানো পোৱা যায়?জানই দেখোন সকলো। গতিকে এতিয়া আৰু চাকৰিৰ আশা নাই মোৰ।যি কৰিছোঁ আত্মসন্মান বচাই ৰাখি সন্তুষ্টি পাইছোঁ আৰু কি লাগিছে? বাগানৰ কাম সম্পূৰ্ণ হ'লেই এতিয়া নতুনকৈ আৰু বহুত কাম হাতত লৈছোঁ।পিতাই খাব পৰাকৈ মাটি-বাৰী এগালমান লৈ থৈ গৈছে। কিন্তু যদি মাটি বহুত আছে বুলি ফিতাহি মাৰি পেলাই থও কি লাভ হ'ব? তাতকৈ যদি নিজৰো কিছুমান আইডিয়া লৈ কামবোৰ কৰোঁ নিজৰ লগতে আন দহজনো লাভৱান হ'ব।

:-তোৰ কথাবোৰ কামৰ দৰেই মসৃণ। মইহে কিবা ঠৰঙাকৈ থাকোঁ।কথাও ক'ব নাজানো।

:- তই নিজৰ দৰেই থাক অকৃত্ৰিম হৈ।তোক তোৰ দৰেই ভাললাগে মোৰ।পিছে আজি আকৌ চাকৰিৰ কথা উলিয়ালি যে! মই চাকৰি নকৰিলে মোলৈ নাহিবি নেকি?

:- পাগলটো মই কেতিয়া তেনেকৈ ক'লো হা? ইমান চাকৰি চাকৰিকৈ পাগল হোৱা হ'লে আজি মই ইয়াত নাথাকোঁ।মোক এইবোৰ কৈ নাথাক। আচলতে কেতিয়াবা ভাগৰি পৰোঁ ময়ো যেতিয়া বজাৰলৈ গ'লে কিবা এটা আনিবলৈ মা-দেউতাক পইচা খুজিবলগীয়া হয়।টিউচনকেইটা কৰি সকাহ পাইছোঁ বাৰু এতিয়া।কিনো কম দহটাক ল'লে মাহে মাহে পইচা পাঁচটাৰ পৰাহে পাওঁ। বাকীবোৰ দিম দিম কৈ দিয়া নহয়।খুজি থাকিবলৈ বেয়া পাওঁ মই।মোৰ বাৰু নিজৰ খৰচৰ বাবে নালাগে নেকি নহ? আৰু কষ্ট মোৰো হয়। সিহঁতক পঢ়াবলৈ ময়ো কিতাপখন ভালকৈ পঢ়িব লাগে।তাকো নুবুজে বহুতে।খাবি আৰু গাঁৱত টিউচন কৰি। এনেকুৱা মানুহৰ বাবে আমাৰ দৰে মানুহৰ যেন কোনো মূল্য নাই।

:- খঙটো বেছি এইজনীৰ। এইবাৰ কিন্তু অকলে অকলে চম্ভালিব নোৱাৰোঁ মই। ব'হাগতে কিবা এটা ভাবিব লাগিব ৰহ।

:-পাগল মায়ে শুনিলে কলিজা খাব।

:- শুনিলে শুনক মই কিবা ভয় কৰিছোঁ নে? তোক মই কষ্ট নোপোৱাকৈ ৰাখিম সেয়া চিন্তা নকৰিবি।তই কিন্তু সদায় মোৰেই হৈ মোক সাহস দি থাকিবি দেই।আনে তোক বেয়া পাওক, অহংকাৰী,জেদী যিয়েই নকওক লাগে তই নিজক সলনি নকৰিবি।কাৰণ তোক সদায় সৎ পথত যোৱা দেখিছোঁ।তই মাথোঁ মোক নিসংগ নকৰি মোৰ লগত থাক।তোৰ মাজত যে মানৱতা জীয়াই আছে আৰু কি লাগিছে?জীৱনক যদি এটা পথ বুলি ধৰো তাত জানো সকলো ফালে মসৃণ বা সুন্দৰ হয়?একা-বেকা,উখোৰা -মোখোৰা,খলা-বমা থাকিবই, আৰু যদি এখন কিতাপ ধৰ তাৰ প্ৰতিখিলা পৃষ্ঠাতেই জানো একেই কথা থাকে? সেইদিনা আমাৰ জীৱনৰ প্ৰতিটো দিন,প্ৰতিটো কাম তথা প্ৰতিজনৰ চিন্তা-ভাৱনা একেই নহয়। গতিকে সালসলনি আৰু সলনি হোৱাটো স্বাভাৱিক। জীৱনৰ বিবৰ্ণ পৃষ্ঠাবোৰ আওকাণ কৰি আগবাঢ়ি যাব পৰাটোহে আচল কথা।তোৰ অন্তৰ্দৃষ্টি চোকা তোৰ গতিকে তই পাৰিবি,পাৰিব লাগিব।
তাৰ কথাবোৰ শুনি তাই মন্ত্ৰমুগ্ধ মানুহৰ দৰে শুনি আছে।

:- জীৱনৰ বিবৰ্ণ পৃষ্ঠাবোৰ আঁতৰাবলৈ এখন শক্তিশালী হাতৰো প্ৰয়োজন।দিবিনে প্ৰতিখোজত সাহস মোক?

:-তই মাথোঁ আগুৱাই যা। মই তোৰ কাষে কাষে সদায়েই আছোঁ। জীৱনৰ বিবৰ্ণ পৃষ্ঠাবোৰ আমাৰ সাহস।বেয়া সময়বোৰৰ সন্মুখীন কৰিব পৰাকৈ উদ্যমী কৰি তোলা এচাটি বৰদৈচিলা।এই পৃষ্ঠাবোৰ একেবাৰে আঁতৰাই পঠিওৱা সহজ নহয় যদিও তাক আওকাণ কৰি আগবাঢ়ি যোৱাটোহে জীৱনৰ মাদকতা।কেতিয়াও নাভাবিবি যে গোটেই পৃথিৱীখন স্বাৰ্থপৰ বুলি। পৃথিৱীয়েই হওক বা প্ৰকৃতিৰ অৱদান নিষ্ঠুৰ নহয়, নিষ্ঠুৰ জীৱশ্ৰেষ্ঠ বুলি ভবাসকলৰ কিছুমানহে।প্ৰকৃতিয়ে ইমানবোৰ উপহাৰ দিছে কিন্তু তাৰ পৰিৱৰ্তে আমি দিছোঁ কি?কৰ্মফল ভুগিবই লাগিব ন?

:-এৰা তোৰ কথাবোৰ একেবাৰে সঁচা। জীৱনৰ গতিপথ সলনি হৈয়েই থাকিব তাৰ লগে লগে নিজেও নিজৰ মতে থাকিব লাগে।

জীৱনৰ দুৰ্বল ক্ষণবোৰ আওকাণ কৰিবলৈ সাহস দিয়া মানুহবোৰেইতো জীৱন যুঁজত জয়ী হ'বলৈ শিকায়। আৰু এই সাহস জীৱনৰ, হেঁপাহৰ...... কথাবোৰ ভাবিলেই ভাললগা।তাইও আশা কৰে, সপোন দেখিবলৈ লয়।এৰা হয়তো ক্ৰমান্বয়ে তাইৰো জীৱনৰ বিবৰ্ণ পৃষ্ঠাবোৰ আঁতৰ হ'ব ।

অঙ্গন:  পৃষ্ঠাঃ 41
ইনচিকিউৰ

মিনাক্ষী কলিতা, নলবাৰী।

ফাগুন মাহৰ দেওবাৰ। দেওবাৰ বুলিলে সাধাৰণতে মোৰ অকণমান বাহিৰলৈ ওলাই যাবলৈ মন যায়। প্ৰকৃতিৰ মাজত নিজক বিলীন কৰি দি অকণমান প্ৰকৃতিৰ সতেজনা নিজৰ মাজত ধাৰণ কৰি আনিবলৈ মন যায়।
নতুবা কোনোবা এখন শ্বপিং মললৈ গৈ মন পচন্দৰ দুই এপদ বস্তু কিনিবলৈ,কোনোবা এখন ৰিজোৰ্টত বহি জুতি লগাকৈ এসাঁজ খোৱাৰ লগতে প্ৰিয়জনৰ সৈতে কিছু একান্ত নিবিড় সময় অতিবাহিত কৰিবলৈ মন যায়।

পিছে ফাগুন মাহ; কথাষাৰ মনলৈ অহাৰ লগে লগে ওলাই যোৱাৰ উদ্যম নোহোৱা হৈ পৰিল।

ফাগুন বুলিলে চৌদিশ ধূলি-ধোৱাৰে ধূসৰিত।ৰাস্তা-ঘাট সকলো বালিময়।প্ৰকৃতিও লঠঙা। প্ৰকৃতিৰ বুকুত সতেজতাৰ সলনি এতিয়া সৰাপাতৰ মৰ-মৰণিহে।নৈ-বোৰো মৰাসূতি।

এইসময়ত প্ৰকৃতিৰ বুকুতে হওক, ৰিজোৰ্টতে হওক ক'তো এখনি স্নিগ্ধ বতাহ নাথাকে। নাথাকে বুকুৰ অভ্যন্তৰলৈকে শীতল কৰি তুলিব পৰা সতেজতা।

সেয়ে কথাবোৰ ভাবি-চিন্তি ঘৰৰ পৰা ওলাই যোৱাৰ পৰিকল্পনা বাতিল কৰিলোঁ।পৰাগৰ লগত আলোচনা কৰি দিনটো ঘৰতে কটোৱাৰ সিদ্ধান্ত ল'লো।

ফাগুন মানে আৱিৰ। ফাগুন বুলিলে দৌল উৎসৱ। সৰুৰে পৰা আমি শুনি আহিছোঁ বৰপেটা সত্ৰত পালন কৰা দৌলউৎসৱ কথা। নামনি অসমৰ বিভিন্ন প্ৰান্তত দৌল উৎসৱ পালন কৰা হয় যদিও বৰপেটা সত্ৰত অনুষ্ঠিত কৰা দৌল উৎসৱৰ এক সুকীয়া নাম আছে।

ভিন্ন প্ৰান্তৰ লোকে বৰপেটা সত্ৰলৈ দৌল চাবলৈ যায়। গোন্ধযাত্ৰা আৰু ভৰদৌলৰ দুদিনো ভিন্ন প্ৰান্তৰ মানুহেৰে বৰপেটা চহৰ গমগমাই থাকে যদিও সুৱেৰীৰ দিনা একেবাৰে লোকে লোকাৰণ্য হৈ পৰে।

দেউতাৰ চাকৰিসূত্ৰে বৰপেটাত থকা সময়ত আমি দৌল উৎসৱ বাৰুকৈয়ে উপভোগ কৰিছিলোঁ। পিছে দেউতাৰ অৱসৰৰ পিছত আৰু সেইবোৰলৈ পিঠি দিয়াৰ নিচিনাই হ'ল। মাক-দেউতাই সময় মিলাই এতিয়াও যায় যদিও আমিহে একেবাৰে সময় মিলাব নোৱাৰোঁ।

প্ৰথম কেৰিয়াৰ গঢ়াৰ দৌৰ, তাৰ পাছত চাকৰিৰ দায়িত্ব; এতিয়া আকৌ সংসাৰ!তাৰ পাছত আকৌ সেইবোৰলৈ সময় ক'ত!
পিছে এইবাৰ পৰাগে নিজে বৰপেটালৈ গৈ ফল্গুৎসৱ উপভোগ কৰাৰ কথা ক'লে।

কথাৰ মহলা সিমানতে সামৰি মাছ অলপ আনিবলৈ বুলি পৰাগ বজাৰলৈ গ'ল। মই বহা ঠাইতে বহি থাকিলোঁ। ৰাতিপুৱাৰ ভাগৰ কামখিনি কৰি ইতিমধ্যে আজৰি হৈছোঁ। দুপৰীয়াৰ সাঁজ বনাবলৈও কিছু সময় আছে।পৰাগ বজাৰৰ পৰা আহিলে দুয়োটাই মিলি একেলগে বনাম। সপ্তাহটোৰ বাকীকেইটা দিন আমি যিহেতু পৃথকে পৃথকে ব্যস্ত হৈ থাকিবলগীয়া হয় সেয়ে দেওবাৰৰ দিনটো আমি ইজনে-আনজনৰ সংগ নেৰোঁ;সেয়া লাগিলে ঘৰতে হওক নতুবা বাহিৰতে হওক।

পৰাগ উভতি অহালৈ সময়খিনি কটোৱাৰ উদ্দেশ্যেৰে সম্মুখৰ টি-টেবুলখনত থৈ দিয়া মোবাইলটো হাতত লৈ ফেচবুকটো খুলি ল'লো। মই এটা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী। দিনটো সৰহ সময় মোবাইলতে কাম কৰি থাকোঁ। অথচ ফেচবুক, ইনষ্টাগ্ৰামত কেতিয়াবাহে এনেকৈ ভুমুকি মৰা হয়; আচলতে প্ৰতিদিনে ফেচবুক ইনষ্টাগ্ৰামত বিচৰণ কৰিব পৰাকৈ মোৰ সময় নাই। অকল মোৰ বুলিলে ভুল হ'ব ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানত কাম কৰা বেছি সংখ্যক লোকেৰে হয়তো তেনেকুৱা অৱস্থা। দিনটোৰ বাৰ-চৈধ্য ঘন্টা তেওঁলোকে মোবাইল নতুবা লেপটপত কাম কৰে কিন্তু ফেচবুক নতুবা ইনষ্টাগ্ৰামত ফটো এখন আপলোড কৰিবলৈ দুইমিনিট সময় উলিয়াব নোৱাৰে।

ফেচবুকটো লগ-ইন কৰাৰ লগে লগে মোবাইল স্ক্ৰীণৰ ওপৰত ভাঁহি উঠিছে দৌল উৎসৱৰ ওপৰত আধাৰিত এটা ভিডিঅ'(ৰীলছ)। সেইটো চুই চোৱাৰ লগে লগে তলত বৰপেটাৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তত পালন কৰা দৌল উৎসৱৰ সৈতে সংগতি ৰাখি নিৰ্মাণ কৰা ভিডিঅ' সমূহে এটাৰ পাছত এটাকৈ লানি পাতিছে।

বহুকেইটা ভিডিঅ' চালোঁ। প্ৰথম অৱস্থাত ভিডিঅ' কেইটা চাই আমোদ পালেও লাহে লাহে মনটো আমুৱাই আহিল। এনেও মই একেটা বস্তুত লাগি থাকিব নোৱাৰোঁ। ভিডিঅ' কেইটা স্কীপ কৰি ফেচবুকটো পুনৰ স্ক্ৰোল কৰিলোঁ। বিভিন্নজনে পোষ্ট কৰা ফটোবোৰ চাই তাৰ মাজতে দুই এটা লাইক কমেন্ট কৰি গৈ থাকোঁতে হঠাতে মোৰ চকু ৰৈ গ'ল। ফেচবুকৰ বিভিন্নজনৰ পোষ্টত মাজত আহি  ফ্লিপকাৰ্ট নামৰ শ্বপিং এপটোৱে ভেটা দিছে। তাত জিলিকি আছে ভিন্নৰঙী আৱিৰৰ ফটো।

বুঢ়া আঙুলিটোৰে সোঁফালৰ পৰা বাওঁফাললৈ এপটোৰ ফটোবোৰ ঠেলিলোঁ। ফল্গউৎসৰ সৈতে জড়িত প্ৰায়ভাগ সামগ্ৰীৰ ফটো দেখোন এপটোত জিলিকি আছে। সামগ্ৰীবোৰ দেখি মোৰ চকু কপালত উঠিল।

ঃ মই এইবোৰ কোনদিনা চাৰ্চ কৰিছিলোঁ?

নিজৰ অজানিতে প্ৰশ্নটো মোৰ মুখেৰে উচ্চাৰিত হ'ল।

ঃ কোনবোৰ?

ইতিমধ্যে পৰাগ বজাৰৰ পৰা উভতি আহি মোৰ ওচৰ পাইছিল।

ভিডিঅ' ৰ পৰা ফ্লিপকাৰ্টলৈ সকলোখিনি কথা তেওঁৰ আগত এফালৰ পৰা কৈ গ'লো। তেওঁ হাঁহিলে। হাঁহি হাঁহি মোক প্ৰশ্ন কৰিলে...

"এইবাৰ তোমাৰ জন্মদিনত ঘড়ী এটা দিম ভাবিছোঁ।কি ঘড়ী লাগিব?এনালগ নে স্মাৰ্ট!

তেওঁৰ হাঁহি দেখি এনে মোৰ অঁকৰা খঙটো উঠিছিল। তাতেই আকৌ এতিয়া আবোল-তাবোল প্ৰশ্ন!

তেওঁৰ ওচৰৰ পৰা ছিটিকি গুছি আহিব খুজিছিলোঁ। পিছে তেওঁৰ বলিষ্ঠ হাতৰ বান্ধোনত ৰৈ যাবলগা হ'ল। 

হাতখনত ধৰি টানি নি তেওঁ মোক পুনৰ তেওঁৰ কাষত বহুৱাই ল'লে। তাৰ পাছত পুনৰ মোৰ ফেচবুকটো খুলি এইবাৰ ফেচবুকৰ মাজত ফ্লিপকাৰ্টে এডভাৰটাইজ কৰা ঘড়ীকেইটা দেখুৱালে।

এইবাৰ মোৰ চকু সচাকৈয়ে আশ্চৰ্যত বহল হৈ গ'ল।এক আশ্চৰ্যকৰ দৃষ্টিৰে এবাৰ মোবাইলটোলৈ এবাৰ পৰাগলৈ চালোঁ।

পৰাগৰ মুখত কিন্তু এইবাৰ হাঁহি নাই; বিপৰীতে যেন তেওঁ কিছু চিন্তাক্লিষ্ট।

কিছুসময়ৰ নীৰৱতা। তাৰ পাছত গহীন গম্ভীৰ মাতেৰে পৰাগে কৈ গ'ল কৃত্ৰিম বুদ্ধিমত্তাৰ কথা, কিদৰে কৃত্ৰিম বুদ্ধিমত্তাই আমাক অহৰহ পৰ্যবেক্ষণ কৰি থাকে, কিদৰে কৃত্ৰিম বুদ্ধিমত্তাৰ কবলত পৰি আমি আমাৰ গোপনীয়তাক বিসৰ্জন দিছোঁ।

কথাবোৰ কৈ পৰাগে এটা হুমুনিয়াহ কাঢ়িলে।কোনোদিনে ভাবি নোচোৱা দিশ এটা মোৰ আগত উন্মোচিত হ'ল।

"জীৱশ্ৰেষ্ঠ প্ৰাণী হৈও আমি বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ ওচৰত অস্তিত্বহীন নেকি!"

প্ৰশ্নটোৱে মোৰ অন্তৰাত্মাক আঁকুহি পেলালে।দেওবৰীয়া বিলাসিতাপূৰ্ণ সময়খিনি পলকতে বিষাদজৰ্জৰ হৈ পৰিল।
নিৰাপত্তাহীনতা বিষাদ;অস্তিত্বহীনতাৰ বিষাদ।

অঙ্গন: পৃষ্ঠা 42
শেষ পৃষ্ঠাৰ প্ৰৱন্ধঃ

ৰঙালী বিহু: লোকাচাৰ আৰু জনবিশ্বাস 

পৰিণীতা কলিতা

" বিহু আনন্দীয়া বিহু বিনন্দীয়া

বিহুটি অসমৰ প্ৰাণ;

এনুৱা বিহুটি এৰিব লাগিলে

নাথাকে অসমৰ মান।”

           অসমৰ সমাজ জীৱনৰ লগত জড়িত এক জনপ্ৰিয় উৎসৱ হৈছে ৰঙালী বিহু ৷ বেলেগকৈ নক'লেও হ'ব যে অসমৰ প্ৰতিজন অসমীয়াৰ বুকুত ৰঙালী বিহুৱে অতীজৰে পৰা আৱেগ সৃষ্টি কৰি আহিছে ৷ সেয়েহে বহাগ বিহুৰ লগত জড়িত লোকাচাৰসমূহেও অসমীয়া জন-জীৱনৰ লগত ওত্ব:প্ৰোতভাৱে জড়িত ৷ 
ক'বলৈ গ'লে ৰঙালী বিহু এক কৃষিপ্ৰধান উৎসৱ ৷ এই ৰঙালী বিহু অসমীয়া মানুহে অতি উলহ-মালহৰে  বহাগ মাহত পালন কৰে ৷ এই সময়খিনিত গছ-লতিকাবোৰে যেনেকৈ নতুন ৰূপেৰে জাতিস্কাৰ হৈ পৰে, ঠিক তেনেদৰে প্ৰতিজন অসমীয়াৰ ৰঙীয়াল মনবোৰো হৈ পৰে ন-ৰঙৰে জাতিস্কাৰ ৷ ইয়াৰ উপৰি চৌদিশে যেনেকৈ তগৰ, মালতী,পলাশ, মদাৰে সুমধুৰ সুবাস বিলাই, ঠিক তেনেদৰে কুলি-কেতেকী তথা বিহুৱতী চৰাইবোৰেও সুমধুৰ সংগীতৰে চৌপাশ ৰজনজনাই তোলে ৷ অতীজৰে পৰা ৰঙালী বিহু পৰম্পৰাগতভাৱে সাতদিনলৈকে পালন কৰি অহা হৈছে ৷ প্ৰথম দিনাখন হৈছে গৰু বিহু ৷ সেইদিনা গৰুক নদী-পুখুৰীত নি গৰুৰ কুশল-কামনা প্ৰাৰ্থনা কৰা হয় ৷ ইয়াৰ পিচতে মাহ হালধিৰে নুৱাই-ধুৱাই চাতৰ লাও-বেঙেনা গৰুলৈ আগবঢ়াই দি গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গায় ৷ 
" লাও খা  বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা,
মাৰ সৰু  বাপেৰ সৰু
তই হবি বৰ বৰ গৰু ৷" (পৰম্পৰাগত)

ইয়াৰ উপৰিও এনেদৰে গায়-

" দীঘলতি দীঘল পাত
মাখি মাৰো জাত জাত৷’’ 

ইয়াৰ পিছতে সন্ধিয়া গৰুক বেছ আদৰ-সাদৰেৰে গোহালিলৈ অনা হয় আৰু তাৰ পিছত গামোচাৰ দহি আৰু তৰা বনৰ আঁহেৰে প্ৰস্তুত কৰা তথা তুলসীপাত মেৰিওৱা নতুন পঘাৰে গৰু বন্ধা হয় ৷ সন্ধিয়াপৰতে  গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত ন-বিছনীৰে বাহ দি গৰুক পিঠা-পনা খুৱায় ৷ ঠিক এইদৰে গো-সেৱা কৰাটো অসমীয়া সমাজত অতি প্ৰাচীন পৰম্পৰাৰূপে গণ্য কৰি অহা হৈছে ৷ 
              ইয়াৰ পিছদিনাখন অৰ্থাৎ ৰঙালী বিহুৰ দ্বিতীয় দিনটোত প্ৰতিগৰাকী অসমীয়াই ধুম-ধামেৰে পালন কৰে মানুহ বিহু ৷ সাধাৰণতে মানুহ বিহুৰ দিনা বিহুৱান গাত লোৱা হয় । এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ  ইষ্ট-কুটুম্ব আৰু প্ৰিয়জনকো উপহাৰ হিচাপে দিয়া  হয়। ই এক জনপ্ৰিয় পৰম্পৰাৰূপে চলি আহিছে । ৰঙালী বিহুত ডেকা-ডেকেৰী সকলে বিহু-উৎসৱ পাতি বিহুগীত, বিহু নাচ, হুঁচৰি, নানা ৰকমৰ খেল-ধেমালিৰ ব্যৱস্থা কৰে আৰু  লগতে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থৰ কুশল কামনা প্ৰাৰ্থনা কৰে । আনহাতে ঠাইগতিকে শেন-কনুৱাৰ যুঁজ, ম'হ যুঁজ, কণী যুঁজ আদি খেল-ধেমালিৰো ব্যৱস্থা কৰা হয় ৷ দৰাচলতে ৰঙালী বিহু সম্পূৰ্ণ ৰং-ৰইচৰে পালন কৰা হয় ৷ 
              অসমীয়া নৱবৰ্ষৰ ব'হাগৰ তৃতীয় দিনটোত 'গোঁসাই বিহু' পালন কৰা দেখা  হয়। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ কৰা হয় । ইয়াৰ উপৰিও বিশেষভাৱে গোঁসাই বিহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত পালন কৰা হয় যদিও ঠাই বিশেষে এই বিহুক 'হাট বিহু' হিচাপেও পালন কৰা দেখা যায় । 
             অসমীয়া সমাজ-জীৱনত এক এৰাব নোৱাৰা আদৰৰ সম্পদ হৈছে  ‘তাঁতশাল’। সাত বিহুৰ চতুৰ্থ দিনা পালন কৰা হয় এই তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’ হিচাপে অসমীয়াই পালন কৰি আহিছে । অতিজৰে অসমীয়া সমাজ-সংস্কৃতিৰ সৈতে কুটীৰ শিল্পৰ এক এৰাব নোৱৰা সম্পৰ্ক আছে ৷ অসমৰ সমাজ জীৱনৰ উৎসৱ-পাৰ্বনসমূহৰ লগত এই কুটীৰ শিল্পসমূহ অতি নিবিড়ভাৱে জড়িত হৈ থকা আমি দেখা পাওঁ ৷
'তাঁতশাল' তাৰ মাজৰে এক অন্যতম কুটীৰ শিল্প, যাৰ সৈতে অতীতৰে পৰা অসমীয়াৰ আবেগ জড়িত হৈ আছে ৷ বিহুৰ চতুৰ্থ দিনাখন তাঁতশালৰ প্ৰতি বিশেষ শ্ৰদ্ধা জনাই ঠাইবিশেষে 'তাঁতৰ বিহু’ পালন কৰা হয় ৷ সেইদিনা বোৱনীসকলে তাঁতশালৰ সজুঁলি সমূহ ভালকৈ চাফা কৰে আৰু তাঁতশালৰ সঁজুলিসমূহ বান্ধি ওপৰত উঠাই লয় আৰু সিদিনাখনৰ পৰাই খেতি কৰিবলৈ সাজু হয়। 
            সাত বিহুৰ পঞ্চম দিনটোত নাঙলৰ বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয়। দেখা যায় যে, অসমৰ কৃষি প্ৰধান ৰাইজে নিজৰ অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰি ধুম-ধামেৰে এই নাঙল বিহু পালন কৰে ৷
নাঙল বিহু পালন কৰাৰ মূলতে হ'ল কৃষকসকলে ৰঙালী বিহুৰ ৰং-ৰইচ সামৰি পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰে ৷ এনেদৰেই  প্ৰতিবছৰে নাঙল, যুঁৱলি, জাপি, মৈ আদি কৃষিকৰ্মৰ লগত জড়িত সজুঁলি সমূহৰ ওচৰত চাকি-ধূপ জ্বলাই কৃষকসকলে নাঙলৰ বিহু পালন কৰি অহা দেখা যায় ৷
           সাতবিহুৰ ষষ্ঠদিনাখন  জীয়ৰী বিহুস্বৰূপে পালন কৰা হয় ৷ ঠাইগতিকে জীয়ৰী বিহুক চেনেহী বিহু বুলিও জনা যায় ৷ এই দিনটোত বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে ৷
          সাতবিহুৰ শেষৰ দিনাখন ‘চেৰা বিহু’ ৰূপে পালন কৰা হয় । ঠাইগতিকে  চেৰা বিহুক "এৰা বিহু" বুলিও কোৱা দেখা যায় ৷ এনেকৈয়ে  ৰাজ্যজুৰি ৰঙালী বিহুৰ সাতোটা দিন উলহ-মালহৰে প্ৰতিজন অসমীয়াই “সাতবিহু” পালন কৰে । উল্লেখ্য যে, চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা দেখা যায়- 
“ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক। ”  (পৰম্পৰাগত)
এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয় ।
ইয়াৰ উপৰিও ঠাইবিশেষে গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যিকোনো এটা দিনত এশ এবিধ শাক খোৱা নিয়ম আছে। এশ এবিধ শাক সেই দিনটোত খাব পাৰিলে বছৰটোলৈ ৰোগে দেখা নিদিয়ে বুলি জনবিশ্বাস আছে । এশ এবিধ শাক খাব নোৱাৰিলেও সাতবিধ শাকৰেও  কাম চলোৱা হয়। ইয়াক ‘সাতশাকী’ বোলা হয় । সাতশাকীক ঠাইভেদে 'হাঁ‌হেখাঁ‌তী' বা 'পাৰেখাঁ‌তী' বুলিও কোৱা হয় ।
সাতশাকীৰ পৰম্পৰাৰ সৈতে গীত-মাতো প্ৰচলিত হৈ আহিছে । এই গীতবোৰক ‘শাক-তোলা’ গীত বোলা হয় । 

ঠিকনাঃ
প্ৰাক্তন ছাত্ৰী,গুৱাহাটী বিশ্ববিদ্যালয় ৷
টিহু,নলবাৰী
ফোন: ৯৩৬৫৪২২০৮৮
(সহ সম্পাদিকা অঙ্গন)

অঙ্গন:  পৃষ্ঠাঃ 43


Post a Comment

0 Comments