অঙ্গনঃ পঞ্চম বছৰ (৬ নং সংখ্যা)



১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 মে'  2024.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 4
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 6
👉প্ৰৱন্ধ : পৃষ্ঠা-- 7-10
👉ধাৰাবাহিক: পৃষ্ঠা--11
👉অণুগল্প : পৃষ্ঠা -- 12-16
👉 এক মিনিটৰ গল্প: পৃষ্ঠা-- 17-18
👉অনুবাদ সাহিত্য : পৃষ্ঠা--19
👉কবিতা: পৃষ্ঠা--20-36
👉ৰেচিপি: পৃষ্ঠা 37
👉অনুভৱ: পৃষ্ঠা--38
👉গল্প: পৃষ্ঠা--39-45
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা-- 46

অঙ্গন: পৃষ্ঠাঃ 5
অঙ্গন
(মাহেকীয়া ই আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ

বেটুপাতৰ শিল্পীঃ পৰিণীতা কলিতা

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ 6
সম্পাদকীয়ঃ

সুখ আৰু দুখৰ সংজ্ঞা

সুখ আৰু দুখ দুয়োটাই প্ৰকৃততে আমাৰ একো একোটা মানসিক অৱস্থা৷ আমি জীৱনত আশা কৰা কিবা এটা সংঘটিত হ’লে আমাৰ ভাল লাগে, আনাংক্ষিত কিবা এটা হ’লে বেয়া লাগে৷ এই ভাল লগা আৰু বেয়া লগা অনুভৱকে চমুকৈ সুখ আৰু দুখ বুলিব পাৰি৷ ইয়াৰ অৰ্থ, আমি আমাৰ দৃষ্টিভংগী সলনি কৰি যিকোনো পৰিস্থিতিতে সুখী হৈ থাকিব পাৰোঁ৷ কিন্তু দৃষ্টিভংগীৰ সলনি ইমান সহজে সম্ভৱনে?

যিদৰে আমি দূৰ দিগন্তৰ নীলা আকাশখনলৈ চাই আমি আত্মহাৰা হৈ পৰোঁ, যিদৰে সাগৰৰ পাৰত কোনো এটা নিৰ্জন আবেলি নীৰৱে বহি সন্মুখৰ বিশাল জলৰাশি দেখি অভিভূত হৈ পৰোঁ, যিদৰে সন্ধিয়া পৰত কোনোবা এখন উদ্যানলৈ গৈ দুৱৰি বনৰ ওপৰত শুই দুহাত মেলি বুকু ভৰাই ভৰাই উশাহ লওঁ আৰু স্বতঃস্ফূতভাৱে আমাৰ মুখেৰে নিগৰিত হয় 'ৱাহ মোৰ জীৱন ধন্য হ’ল' এয়াই প্ৰকৃত সুখ৷ এই সুখ আমাৰ চৌপাশেই আছে৷ কেৱল দুচকু মুদি এবাৰ অনুভৱ কৰিলেই হ’ল৷

অন্য এক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে দেখা যায়, সুখী হোৱাটোও এটা অভ্যাস৷ এই অভ্যাস গঢ় লয় ধনাত্মক চিন্তা চৰ্চাৰ মাজেৰে৷ বিপৰীতে অসুখী হোৱাটোও এক প্ৰকাৰৰ অভ্যাসেই৷ এই অভ্যাস গঢ় লয় ঋণাত্মক চিন্তা চৰ্চাৰ মাজেৰে৷

অৱশ্যে এই কথাও আমি স্বীকাৰ কৰিবই লাগিব যে বহু ক্ষেত্ৰত আমাৰ চৌপাশৰ বাতাবৰণ, আমাৰ শাৰীৰিক স্থিতি আদিয়েও আমাক অসুখী হ’বলৈ বাধ্য কৰি তোলে৷ তাৰ পিছতো আমি বুজি লাগিব যে যি সময়ত আপুনি মই জীৱনত সকলোবোৰ অসাৰ বুলি হায় হায় কৰিছোঁ, একে সময়তে কোনোবাজনে প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য দেখি অভিভূত হৈ পৰিছে৷ যি সময়ত আপোনাৰ, আমাৰ ঘৰৰ ল’ৰাটোৱে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বাবে শোকত ভাগি পৰি পৰিয়ালটোৰ কাৰোৱে পেটলৈ খুদকনো যোৱা নাই, একে সময়তে আন এঘৰৰ ল’ৰাটোৱে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বাবেই ঘৰখনত উৎসৱময় পৰিৱেশে বিৰাজ কৰিছে৷

আমি সিদ্ধান্ত লোৱাৰ সময় হ’ল৷ জীৱনত সুখী হ’ম নে দুখী হ’ম এয়া ঠিৰাং কৰিবৰ সময় হ’ল৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 7
প্ৰৱন্ধঃ

ট্ৰেজেডী আৰু কমেডী


প্ৰণৱ ফুকন


(অন্তিম খণ্ড)

কমেডী : ট্ৰেজেডীৰ দৰেই কমেডীৰ উৎপত্তিও ডায়নিচাচ দেৱতাৰ পূজা-পদ্ধতিৰ সৈতে জৰিত বুলি আগতেই কোৱা হৈছে৷ গীত গাই, ৰং-ৰহইচেৰে নাচি-বাগি কৰা সমদল যাত্ৰা 'কোমাচ'ৰপৰাই কমেডীৰ জন্ম হৈছিল বুলি এৰিষ্ট’টলে মত প্ৰকাশ কৰিছে৷ গ্ৰীচৰ কোনো-কোনো ঠাইত অনুষ্ঠিত হৈছিল কমেডিৰ প্ৰতিযোগিতা য’ত অভিনেতাসকলে ৰং-বিৰঙৰ পোছাক আৰু মুখা পিন্ধি কৰা অভিনয়ত অশ্লীলতাৰ গোন্ধো নিহিত আছিল৷ গ্ৰীচৰ প্ৰাচীন নাট্যকাৰ এৰিষ্ট’ফেনিচৰ কমেডী নাটৰ ঘটনাৱলী আছিল অসম্ভৱ ধৰণে অবাস্তৱ; নাট্যকাৰৰ কল্পনাই কোনো সীমাৰ অস্তিত্ব মানিব নোখোজে৷ ঠায়ে ঠায়ে ইয়াৰ ব্যঙ্গ আছিল তীব্ৰ আৰু স্থূল আৰু কাহিনীত অশ্লীলতাৰ গোন্ধ থাকিলেও নাটবোৰত আছিল কাব্যিক আৰু সাহিত্যিক সৌন্দৰ্য৷
আন এজন নাট্যকাৰ মিনেন্দাৰৰ কমেডীৰ চৰিত্ৰবোৰ আছিল একো একোটা শ্ৰেণীৰ প্ৰতিনিধি৷ বাস্তৱৰ প্ৰতিফলন ঘটা নাটবোৰত কাকো আঘাত নকৰাকৈ দৰ্শকক আমোদ দিয়াটোৱেই আছিল তেওঁৰ উদ্দেশ্য৷ সপ্তদশ শতিকাত ফৰাচী নাট্যকাৰ মলিয়েৰৰ হাতত কমেডীয়ে নতুন ৰূপ পায়৷

কমেডীৰ ভাৱ আৰু বিষয় : এৰিষ্ট’টলে মত প্ৰকাশ কৰিছিল যে কমেডীত তল খাপৰ মানুহৰ কাৰ্য্যকলাপৰ অনুকৰণ কৰা হয়৷ প্ৰাচীন গ্ৰীক কমেডীৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য হ’লেও বিবৰ্তনৰ বাটত কমেডীয়ে সকলো শ্ৰেণীৰ লোককো সাঙুৰি লয়৷ কেৱল মধুৰ সমাপ্তি হোৱাৰ ওপৰতে কমেডীৰ সাফল্য নিৰ্ভৰ নকৰে৷ দৰাচলতে আগৰ পৰা গুৰিলৈকে কমেডীত এটা লঘু ভাৱ থাকিব লাগে৷
ট্ৰেজেডীত গুৰু-গম্ভীৰ, সংবেদনশীল বিষয়, সমস্যা আৰু ঘটনা পৰিবেশন কৰা হয়৷ আনহাতে কমেডীত উত্থাপন কৰা হয় সহজে সমাধান কৰিব পৰা সাধাৰণ সমস্যা, ঘটনা আৰু বিষয়৷ নিত্যনৈমিত্তিক ঘটনাৱলী ওপৰে-ওপৰে চাই আমোদজনক ভাবে পৰিবেশন কৰাই কমেডীৰ উদ্দেশ্য৷ গভীৰ দুখত মানুহ অকলে থাকিবলৈ ভাল পায়; গতিকে ট্ৰেজেডীত এজন মানুহৰ জীৱনৰ জটিল সমস্যা প্ৰদৰ্শনে দৰ্শকক শোকাকুল কৰি তোলে৷ কিন্তু হাঁহিবলৈ যিহেতু একাধিক লোকৰ প্ৰয়োজন, সেয়ে কমেডীত সৃষ্টি কৰা হয় বহু চৰিত্ৰৰ যাৰ লঘু বাৰ্তালাপ আৰু লঘু সংঘাতে দৰ্শকক হাঁহিৰ, আনন্দৰ খোৰাক যোগায়৷ এই  টাইপ চৰিত্ৰবোৰৰ অসামঞ্জস্য আৰু বিভিন্ন সৰু উপ-কাহিনীৰ সংযোজনেৰে নাটকখন উপভোগ্য কৰি তোলা হয়৷ নাটকীয় চৰিত্ৰৰ সৈতে দৰ্শকে আবেগিক সম্বন্ধ স্থাপন কৰিলে সেই চৰিত্ৰৰ কাৰ্য্যকলাপত হঁহা সম্ভৱ নহয়৷ সেয়ে কমেডী ৰচয়িতাই এনে ভাব বেছি সময়লৈ থাকিবলৈ নিদিয়ে; কাৰণ আবেগ হ’ল হাঁহিৰ আটাইতকৈ ডাঙৰ শত্ৰু৷

কমেডীৰ উদ্দেশ্য : হাস্যৰসৰ সৃষ্টিয়েই কমেডীৰ প্ৰকৃত উদ্দেশ্য যদিও চৰিত্ৰসমূহৰ অসামঞ্জস্যই আমাক আমাৰ নিজৰ দোষবোৰো শুধৰাই ল’বলৈ সকিয়নী দিয়ে৷ সেই ফালৰ পৰা কমেডীৰ এটা শিক্ষণীয় দিশো আছে৷ ব্যংগ (satire)-ৰ জৰিয়তেও হাস্যৰস সৃষ্টি কৰিব পৰা যায় যদিও ই কমেডীৰ উদ্দেশ্য হ’ব নোৱাৰে৷ ব্যংগ বা নৈতিকতা কমেডীৰ হাস্যৰসৰ মাজত হেৰাই যায়৷

হাঁহি : প্ৰশ্ন উঠে আমাৰ হাঁহি উঠে কিয় ? আমি যেতিয়া বহুতো আশা কৰি দেখো হঠাতে সকলো শূন্যত বিলীন হ’ল, তেতিয়া আমাৰ হাঁহি উঠে৷ আকৌ আমাৰ ধাৰণাৰ সৈতে বিসঙ্গতি দেখিলেও আমাৰ হাঁহি উঠে৷ আমি যেতিয়া গুৰুত্বপূৰ্ণ বিষয় বা কথাৰ বান্ধোনৰ পৰা মুক্ত হওঁ, তেতিয়া আমাৰ মনত পাতল এক ভাব সৃষ্টি হৈ আনন্দ- ফূৰ্তিৰ ভাব আহে৷ প্ৰাণহীন যান্ত্ৰিকতা, ঠাট্টা-মস্কৰা, উপহাসেও হাঁহিৰ খলকনি তোলে৷ ঠাট্টা-মস্কৰাৰ যোগেদি মানুহৰ দাম্ভিকতা আৰু ফোঁপজহি চৰিত্ৰ উদঙাই দি প্ৰাচীন গ্ৰীচৰ কমেডীত তেনে মানুহক হাঁহিয়াতৰ পাত্ৰ কৰা হৈছিল৷ আধুনিক কমেডীৰ অন্যতম হোতা জৰ্জ বাৰ্ণাৰ্ড শ্বয়ে এই উপায় অৱলম্বন কৰি মানুহৰ চাৰিত্ৰিক আৰু স্বভাৱগত বিকাৰ আৰু অনেক সামাজিক ৰীতি-নীতিৰ অন্তঃসাৰশূন্যতাৰ ফালে আমাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল৷ 
চাৰিত্ৰিক বিসঙ্গতিয়ে বহু সময়ত এনে পৰিস্থিতিৰ সৃষ্টি কৰে যে আমাৰ হাঁহি উঠে৷ এই ক্ষেত্ৰত আমি মিত্ৰদেৱ মহন্তদেৱৰ “কুকুৰীকণাৰ আঠমঙলা”ৰ কথা উল্লেখ কৰিব পাৰোঁ য’ত ন-জোঁৱাই কুকুৰীকণা হোৱাতেই হাঁহিৰ উহ নিহিত আছে৷ ৰসৰাজ বেজবৰুৱাৰ “নোমল” আৰু “লিতিকা”ই নাটত চৰিত্ৰৰ মুৰ্খামী আৰু নিৰ্বুদ্ধিতাতে সোমাই আছে হাঁহিৰ উৎস৷ দুটা বিপৰীতমুখী চৰিত্ৰৰ আচৰণতো হাঁহি উঠা পৰিস্থিতিৰ উদ্ভৱ হয়৷ এই ক্ষেত্ৰত বেজবৰুৱাদেৱৰ “পাচনি” নাটৰ কথা ক’ব পাৰি য’ত পতি আৰু পত্নীৰ চাৰিত্ৰিক বৈপৰীত্যই কমেডীৰ প্ৰধান অস্ত্ৰ হৈ পৰিছে৷
কোনো মানুহৰ চৰিত্ৰত যেতিয়া প্ৰাণহীন যান্ত্ৰিকতা আহি পৰে তেতিয়া তেওঁৰ আচৰণত এই যান্ত্ৰিকতাই দেখা দিয়ে৷ যিহেতু ই আমাৰ ধাৰণাৰ সৈতে বিসদৃশ সেয়ে তেনে চৰিত্ৰই আমাক হাঁহিৰ যোগান ধৰে৷ মুদ্ৰাদোষসমূহেও অনেক সময়ত দৰ্শকক হঁহুৱায়৷ যান্ত্ৰিকতাৰ ফলত মানুহে ইচ্ছাশক্তিৰ সুব্যৱহাৰ কৰিব নোৱাৰা হয়; তেওঁৰ আচৰণে আনৰ ওপৰত কেনে প্ৰভাৱ পেলাব বুজিব নোৱাৰে৷ এনে লোকক আমি অপ্ৰকৃতিস্থ (eccentric) আখ্যা দিওঁ৷ নাটক বা বোলছবিত এনে চৰিত্ৰৰ সংযোজনে দৰ্শকক বেছ আমোদ দিয়ে৷ চাৰ্লি চেপলিনৰ ছবিসমূহ ইয়াৰ উত্তম নিদৰ্শন৷ 
এনে উপাদানৰ উপৰিও নাট্যকাৰে কমেডীত আৰু অনেক উপাদানৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয়; কোনটো উপাদান কেতিয়া ব্যৱহাৰ কৰিব, সেইয়া নাট্যকাৰৰ মনলৈ আহে নাটকৰ বিষয়বস্তু, পৰিস্থিতি আৰু চৰিত্ৰৰ বিকাশক কেন্দ্ৰ কৰি৷ সেয়েহে সাৰ্থক কমেডীত একাধিক উপাদানৰ সংমিশ্ৰণ আৱশ্যকীয় হৈ পৰে৷

কমেডীৰ বিভিন্ন ৰূপ :
১) কেৱল ধেমেলীয়া পৰিস্থিতিৰ ওপৰতে অধিক গুৰুত্ব দিয়া নাটকক প্ৰহসন (farce) বোলা হয়৷ শ্বেক্সপীয়েৰৰ “কমেডী অব এৰৰচ্‌” (ভ্ৰান্তিৰ কমেডী) এই ক্ষেত্ৰত প্ৰণিধানযোগ্য৷
 ২) ধেমেলীয়া পৰিস্থিতিৰ লগত যেতিয়া ৰোমাণ্টিক বাতাবৰণ যোগ হয় আৰু এই ৰোমাণ্টিক মনোৱস্থা স্পষ্ট হৈ পৰে তেতিয়া তেনে কমেডীয়ে নাম পায় “কমেডী অব ৰোমাঞ্চ” (ৰমন্যাসৰ কমেডী)৷ শ্বেক্সপীয়েৰৰৰ “মিড্‌চামাৰ নাইটচ্‌ ড্ৰিম”, “মাচ্‌ এডো এবাউট নথিং” আদি এই শ্ৰেণীৰ কমেডী৷ এইবোৰত প্ৰণয়ৰ চিত্ৰ দাঙি ধৰি সেইবাটত জটিলতাৰ সৃষ্টি কৰি শেষত কৌশলেৰে মিলনত নাটৰ পৰিসমাপ্তি ঘটোৱা হয়৷ এনে কাহিনীয়ে সৃষ্টি কৰে অনুভূতি- কোমল হাস্যৰসৰ ধাৰ৷
৩) কমেডীৰ আন এটা ধাৰা হ’ল “কমেডী অব হিউমাৰচ্‌” (কৌতুকৰ কমেডী)৷ শৰীৰত ঘটা বিভিন্ন ৰসৰ তাৰতম্যৰ ফলত মানসিক স্বাস্থ্যৰো সলনি ঘটে৷ পিত্তৰসৰ আধিক্যই মানুহক অধৈৰ্য্য আৰু খিংখিঙীয়া কৰি তোলে৷ আনহাতে শৰীৰত তেজৰ মাত্ৰা বেছি হ’লে মানুহ আশাবাদী আৰু ৰঙিয়াল হয়৷ এইদৰে মানৱ চৰিত্ৰত প্ৰকট হোৱা হাঁহি উঠা লক্ষণক হিউমাৰ বুলিব পাৰি৷ এনে বিশেষ লক্ষণৰ আধিক্যৰ আলমত লিখা ধেমেলীয়া নাটকক কমেডী অব হিউমাৰচ্‌ বোলা হয়৷ সমসাময়িক কালৰ সামাজিক ব্যাধি আৰু দোষবোৰ দেখুৱাই হাস্যৰসৰ সৃষ্টি কৰি সেই দোষবোৰৰ শুধৰণিৰ চেষ্টা কৰা হয়৷ এনে নাটত চৰিত্ৰৰ দোষবোৰক একো-একোটা টাইপ চৰিত্ৰৰৰ জৰিয়তে দেখুৱাই ব্যংগাত্মকৰূপে সেই দোষবোৰ সমাজৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰা হয়৷ ব্যংগ থকাৰ বাবে এনে নাটক “কমেডী অব চেটায়াৰ” (ব্যংগৰ কমেডী) বুলিও কোৱা হয়৷
৪) সপ্তদশ শতাব্দীৰ মধ্যভাগত ইংলেণ্ডত পিউৰিটানিক উত্থানৰ ফলত নাটঘৰবোৰে আগৰ দৰে ৰাজকীয় পৃষ্ঠপোষকতা নোপোৱা হ’ল৷ ফলত প্ৰজাসকল নাটঘৰৰ পৰা আঁতৰি গ’ল৷ সপ্তদশ শতিকাৰ দ্বিতীয়াৰ্ধত ৰাজকীয় শক্তিৰ পুনৰ উত্থানেও প্ৰজাক নাটঘৰলৈ উভতাই আনিব নোৱাৰিলে আৰু কেৱল সম্ভ্ৰান্ত লোকসকলেহে নাটঘৰৰ পোষকতা কৰিলে৷ গধুৰ সমস্যাই স্বাভাৱিকতে এনে লোকক আকৰ্ষণ নকৰে৷ সেয়ে এওঁলোকৰ মনোৰঞ্জনৰ বাবে এনে লোকৰ সামাজিক ৰীতি-নীতি, প্ৰেম-ভালপোৱা, এনেকি পৰকীয়া প্ৰীতিৰেও নাট উপস্থাপন কৰি বুদ্ধিদীপ্ত আৰু জকমকীয়া সংলাপেৰে আৰম্ভ হ’ল “কমেডী অব মেনাৰ্‌চ” (স্বভাৱভিত্তিক কমেডী)ৰ৷ নাৰীসকলে অভিনয়ত অংশগ্ৰহণ কৰাৰ ফলত নাৰী চৰিত্ৰৰ ৰূপায়ণ অধিক মনোগ্ৰাহী হৈ পৰিল৷
৫) সপ্তদশ শতিকাৰ শেষৰ পৰা অভিজাত শ্ৰেণীৰ মাজত বিভাজনে দেখা দিয়ে৷ আনহাতে বেপাৰ-বাণিজ্যৰ জৰিয়তে এক নতুন ধনী শ্ৰেণীৰ সৃষ্টি হয়৷ অভিজাতসকলে যেনেদৰে ভৱিষ্যতৰ চিন্তা নকৰি বৰ্তমানৰ ৰং-ৰহইচত মচগুল হৈছিল, নতুন ধনীসকলে তেনে কৰিব পৰা অৱস্থাত উপনীত হোৱা নাছিল৷ এওঁলোকে ভৱিষ্যতৰ কথা ভাবি সকলো কথাতে শ্লীলতাৰ সীমা বজাই ৰখাৰ ফলত তেওঁলোকৰ বাবে কমেডী অব মেনাৰ্‌চে ৰূপ সলাই গঢ় দিলে এক নতুন ধাৰা- জেণ্টেল কমেডী (বাৎসল্য ভাৱৰ কমেডী)৷ নতুন যুগৰ উন্মেষ হোৱাৰে পৰা নাট্যমোদীসকলে একেবাৰে পাতল বিধৰ কমেডীৰ ঠাইত বিচৰা হ’ল বিভিন্ন ৰসৰ সমাবেশেৰে গধুৰ ভাবৰ নাট৷ এনে নাটত কেৱল হাঁহি আৰু ৰগৰ তোলা  ল’কমেডীৰ (নিম্ন শ্ৰেণীৰ কমেডী) সলনি হ’ব লাগিব গুৰু-ৰসৰ কমেডী বা হাই-কমেডী (উচ্চ শ্ৰেণীৰ কমেডী)৷ তত্ৰাচ নাট্যকাৰসকল এনে লোকৰ হাতৰ পুতলা নহৈ "কমেডীৰ যোগেদি বিপথগামী অসামাজিক লোকক পোন বাটেৰে বাট বুলিবলৈ সঁকীয়াই দিয়াৰ লগতে দাঙি ধৰিছিল সুস্থ সামাজিক নৈতিক আদৰ্শৰ ৰূপটোক৷" ( সত্যপ্ৰসাদ বৰুৱা) ৷ এই ক্ষেত্ৰত আমি অনেক নাট্যকাৰৰ নাম ল’ব পাৰোঁ যদিও এই ধাৰা জৰ্জ বাৰ্ণাৰ্ড শ্বৰ হাতত সবল-সুস্থ হৈ আজিলৈকে চলি আহিছে৷

ট্ৰেজেডী আৰু কমেডীৰ পাৰ্থক্য : আমাৰ আলোচনাৰ ভিত্তিত ট্ৰেজেডী আৰু কমেডীৰ মাজত দেখা পাৰ্থক্যসমূহ এনে:-
১) ট্ৰেজেডীৰ কাহিনী সদায় গম্ভীৰ আৰু ই দৰ্শকক অনুভূতিপ্ৰৱন কৰি তোলে৷ আনহাতে কমেডীৰ কাহিনী তৰল আৰু ই দৰ্শকক সকলো চিন্তাৰ পৰা মুকলি কৰি হাঁহিৰ নিৰ্মল আনন্দ যোগায়৷
২) কাহিনীৰ লগত ৰজিতা খুৱাবলৈ ট্ৰেজেডীত গুৰু-গম্ভীৰ ভাষাৰ সংলাপ সংযোজিত হয়৷ কিন্তু কমেডীৰ কাহিনীভাগ যিহেতু তৰল, সেয়ে তাৰ ভাষা আৰু সংলাপো হয় তাৰ অনুৰূপ৷
৩) ট্ৰেজেডীত এজন নায়কৰ কাহিনী আৰু তেওঁ সৎ পথত পোৱা বাধাৰ বৰ্ণনা থাকে; আনহাতে কমেডীত বহু চৰিত্ৰৰ সংযোজনেৰে তেওঁলোকৰ মাজত ভিন্নতা দেখুৱাই পৰিস্থিতি পাতল কৰা হয়৷
৪) ট্ৰেজেডীৰ নায়কৰ চৰিত্ৰত উচ্চগুণসম্পন্নতাৰ প্ৰদৰ্শনেৰে দৰ্শকক সেই চৰিত্ৰৰ দুখ আৰু বিপদত সমভাগী কৰিবলৈ চেষ্টা কৰা হয় যাতে দৰ্শকে নিজৰ জীৱনত তেনে পৰিস্থিতিৰ সন্মুখিন হ’বলৈ সাহস পায়৷ কিন্তু কমেডীৰ চৰিত্ৰসমূহৰ মাজত বহুতো মানৱীয় আসোৱাহ থাকে আৰু দৰ্শকে নিজকে তেনে চৰিত্ৰৰ লগত একাত্ম হৈ আবেগিক হৈ নপৰে; কাৰণ আবেগেই হাঁহিৰ প্ৰধান শত্ৰু৷
৫) ট্ৰেজেডীত উপস্থাপন কৰা সমস্যাসমূহ অতি গধুৰ আৰু সহজে সমাধান কৰিব নোৱাৰা বিধৰ হয়; নাট্যকাৰে সেই সমস্যাৰ অভ্যন্তৰলৈ গৈ তাৰ বিশ্লেষণ কৰি দৰ্শকৰ আগত দাঙি ধৰে৷ আনহাতে কমেডীত দৰ্শোৱা সমস্যাসমূহ তেনেই সাধাৰণ আৰু সহজেই সমাধা কৰিব পৰা ধৰণৰ হয়৷ নাট্যকাৰে সেই সমস্যাসমূহ ওপৰে-ওপৰে চাই উপস্থাপন কৰে; দৰ্শকেও এনে সমস্যাৰ অভ্যন্তৰলৈ যোৱাৰ প্ৰয়োজন বোধ নকৰে৷
৬) দৰ্শকৰ মনত ভীতি আৰু কৰুণাৰ ভাৱ জগাই তোলাই ট্ৰেজেডীৰ মূল উদ্দেশ্য৷ কমেডীয়ে দৰ্শকক সকলো সমস্যা পাহৰি হাঁহিবলৈ উদগণি দিয়ে আৰু ইয়েই কমেডীৰ মূল উদ্দেশ্য৷
আশাকৰোঁ আমাৰ বিশ্লেষণ পাঠকৰ বাবে ট্ৰেজেডী আৰু কমেডী যথাৰ্থভাৱে উপভোগ কৰাত সহায়ক হ’ব৷

(ট্ৰেজেডী আৰু কমেডী সত্যপ্ৰসাদ বৰুৱাৰ দুটা প্ৰবন্ধৰ সহায় লোৱা হৈছে)

অঙ্গন: পৃষ্ঠাঃ 8
ৰঙালী বিহু: লোকাচাৰ আৰু জনবিশ্বাস

পৰিণীতা কলিতা
সহ সম্পাদিকা, অঙ্গন

" বিহু আনন্দীয়া বিহু বিনন্দীয়া
বিহুটি অসমৰ প্ৰাণ;
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।”

অসমৰ সমাজ জীৱনৰ লগত জড়িত এক জনপ্ৰিয় উৎসৱ হৈছে ৰঙালী বিহু ৷ বেলেগকৈ নক'লেও হ'ব যে অসমৰ প্ৰতিজন অসমীয়াৰ বুকুত ৰঙালী বিহুৱে অতীজৰে পৰা আৱেগ সৃষ্টি কৰি আহিছে ৷ সেয়েহে বহাগ বিহুৰ লগত জড়িত লোকাচাৰসমূহেও অসমীয়া জন-জীৱনৰ লগত ওত্বঃপ্ৰোতভাৱে জড়িত ৷ 
ক'বলৈ গ'লে ৰঙালী বিহু এক কৃষিপ্ৰধান উৎসৱ ৷ এই ৰঙালী বিহু অসমীয়া মানুহে অতি উলহ-মালহৰে বহাগ মাহত পালন কৰা দেখা যায় ৷ এই সময়খিনিত গছ-লতিকাবোৰে যেনেকৈ নতুন ৰূপেৰে জাতিস্কাৰ হৈ পৰে, ঠিক তেনেদৰে প্ৰতিজন অসমীয়াৰ ৰঙীয়াল মনবোৰো হৈ পৰে ন-ৰঙৰে জাতিস্কাৰ ৷ ইয়াৰ উপৰি চৌদিশে যেনেকৈ তগৰ, মালতী, পলাশ, মদাৰে সুমধুৰ সুবাস বিলাই, ঠিক তেনেদৰে কুলি-কেতেকী তথা বিহুৱতী চৰাইবোৰেও সুমধুৰ সংগীতৰে চৌপাশ ৰজনজনাই তোলে ৷ 
অতীজৰে পৰা ৰঙালী বিহু পৰম্পৰাগতভাৱে সাতদিনলৈকে পালন কৰি অহা হৈছে ৷ প্ৰথম দিনাখন হৈছে গৰু বিহু ৷ সেইদিনা গৰুক নদী-পুখুৰীত নি গৰুৰ কুশল-কামনা প্ৰাৰ্থনা কৰা হয় ৷ ইয়াৰ পিছতে মাহ হালধিৰে নুৱাই-ধুৱাই চাতৰ লাও-বেঙেনা গৰুলৈ আগবঢ়াই দি গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গায় ৷ 
" লাও খা  বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা,
মাৰ সৰু  বাপেৰ সৰু
তই হবি বৰ বৰ গৰু ৷" (পৰম্পৰাগত)

ইয়াৰ উপৰিও এনেদৰে গায়-

" দীঘলতি দীঘল পাত
মাখি মাৰো জাত জাত৷’’ 

ইয়াৰ পিচতে সন্ধিয়া গৰুক বেছ আদৰ-সাদৰেৰে গোহালিলৈ অনা হয় আৰু তাৰ পিছত গামোচাৰ দহি আৰু তৰা বনৰ আঁহেৰে প্ৰস্তুত কৰা তথা তুলসীপাত মেৰিওৱা নতুন পঘাৰে গৰু বন্ধা হয় ৷ সন্ধিয়াপৰতে  গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত ন-বিছনীৰে বাহ দি গৰুক পিঠা-পনা খুৱায় ৷ ঠিক এইদৰে গো-সেৱা কৰাটো অসমীয়া সমাজত অতি প্ৰাচীন পৰম্পৰাৰূপে গণ্য কৰি অহা হৈছে ৷ 
            ইয়াৰ পিচদিনাখন অৰ্থাৎ ৰঙালী বিহুৰ দ্বিতীয় দিনটোত প্ৰতিগৰাকী অসমীয়াই ধুম-ধামেৰে পালন কৰে মানুহ বিহু ৷ সাধাৰণতে মানুহ বিহুৰ দিনা বিহুৱান গাত লোৱা হয় । এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ  ইষ্ট-কুটুম্ব আৰু প্ৰিয়জনকো উপহাৰ হিচাপে দিয়া হয়। ই এক জনপ্ৰিয় পৰম্পৰাৰূপে চলি আহিছে । ৰঙালী বিহুত ডেকা-ডেকেৰী সকলে বিহু-উৎসৱ পাতি বিহুগীত, বিহু নাচ, হুঁচৰি, নানা ৰকমৰ খেল-ধেমালিৰ ব্যৱস্থা কৰে আৰু  লগতে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থৰ কুশল কামনা প্ৰাৰ্থনা কৰে । আনহাতে ঠাইগতিকে শেন-কনুৱাৰ যুঁজ, ম'হ যুঁজ, কণী যুঁজ আদি খেল-ধেমালিৰো ব্যৱস্থা কৰা হয় ৷ দৰাচলতে ৰঙালী বিহু সম্পূৰ্ণ ৰং-ৰইচৰে পালন কৰা হয় ৷ 
           অসমীয়া নৱবৰ্ষৰ ব'হাগৰ তৃতীয় দিনটোত 'গোঁসাই বিহু' পালন কৰা দেখা  হয়। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ কৰা হয় । ইয়াৰ উপৰিও বিশেষভাৱে গোঁসাই বিহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত পালন কৰা হয় যদিও ঠাই বিশেষে এই বিহুক 'হাট বিহু' হিচাপেও পালন কৰা দেখা যায় । 
          অসমীয়া সমাজ-জীৱনত এক এৰাব নোৱাৰা আদৰৰ সম্পদ হৈছে  ‘তাঁতশাল’। সাত বিহুৰ চতুৰ্থ দিনা পালন কৰা হয় এই "তাঁতৰ বিহু"। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’ হিচাপে অসমীয়াই পালন কৰি আহিছে । অতিজৰে অসমীয়া সমাজ-সংস্কৃতিৰ সৈতে কুটীৰ শিল্পৰ এক এৰাব নোৱৰা সম্পৰ্ক আছে ৷ অসমৰ সমাজ জীৱনৰ উৎসৱ-পাৰ্বনসমূহৰ লগত এই কুটীৰ শিল্পসমূহ অতি নিবিড়ভাৱে জড়িত হৈ থকা আমি দেখা পাওঁ ৷
'তাঁতশাল' তাৰ মাজৰে এক অন্যতম কুটীৰ শিল্প, যাৰ সৈতে অতীতৰে পৰা অসমীয়াৰ আবেগ জড়িত হৈ আছে ৷ বিহুৰ চতুৰ্থ দিনাখন তাঁতশালৰ প্ৰতি বিশেষ শ্ৰদ্ধা জনাই ঠাইবিশেষে 'তাঁতৰ বিহু’ পালন কৰা হয় ৷ সেইদিনা বোৱনীসকলে তাঁতশালৰ সজুঁলি সমূহ ভালকৈ চাফা কৰে আৰু তাঁতশালৰ সঁজুলিসমূহ বান্ধি ওপৰত উঠাই লয় আৰু সিদিনাখনৰ পৰাই খেতি কৰিবলৈ সাজু হয়। 
               সাত বিহুৰ পঞ্চম দিনটোত "নাঙলৰ বিহু" হিচাপে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয়। দেখা যায় যে,  অসমৰ কৃষি প্ৰধান ৰাইজে নিজৰ অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰি ধুম-ধামেৰে এই নাঙল বিহু পালন কৰে ৷ নাঙল বিহু পালন কৰাৰ মূলতে হ'ল কৃষকসকলে ৰঙালী বিহুৰ ৰং-ৰইচ সামৰি পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰে ৷ এনেদৰেই  প্ৰতিবছৰে নাঙল, যুঁৱলি, জাপি, মৈ আদি কৃষিকৰ্মৰ লগত জড়িত সজুঁলি সমূহৰ ওচৰত চাকি-ধূপ জ্বলাই কৃষকসকলে নাঙলৰ বিহু পালন কৰি অহা দেখা যায় ৷
              সাতবিহুৰ ষষ্ঠদিনাখন জীয়ৰী  বিহুস্বৰূপে পালন কৰা হয় ৷ ঠাইগতিকে জীয়ৰী বিহুক চেনেহী বিহু বুলিও জনা যায় ৷ এই দিনটোত বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে ৷
              সাতবিহুৰ শেষৰ দিনাখন  ‘চেৰা বিহু’ ৰূপে পালন কৰা হয় । ঠাইগতিকে  চেৰা বিহুক  "এৰা" বিহু বুলিও কোৱা দেখা যায় ৷ 
            এনেকৈয়ে  ৰাজ্যজুৰি ৰঙালী বিহুৰ সাতোটা দিন উলহ-মালহৰে প্ৰতিজন অসমীয়াই “সাতবিহু” পালন কৰে । উল্লেখ্য যে, চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা দেখা যায় 

“ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; 
ন-ভাতে পুৰণি ভাতে জীণ যাওক। ”  (পৰম্পৰাগত)

এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয় ।
ইয়াৰ উপৰিও ঠাইবিশেষে গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যিকোনো এটা দিনত এশ এবিধ শাক খোৱা নিয়ম আছে। এশ এবিধ শাক সেই দিনটোত খাব পাৰিলে বছৰটোলৈ ৰোগে দেখা নিদিয়ে বুলি জনবিশ্বাস আছে । এশ এবিধ শাক খাব নোৱাৰিলেও সাতবিধ শাকৰেও  কাম চলোৱা হয়। ইয়াক ‘সাতশাকী’ বোলা হয় । সাতশাকীক ঠাইভেদে 'হাঁ‌হেখাঁ‌তী' বা 'পাৰেখাঁ‌তী' বুলিও কোৱা হয় ।
সাতশাকীৰ পৰম্পৰাৰ সৈতে গীত-মাতো প্ৰচলিত হৈ আহিছে । এই গীতবোৰক ‘শাক-তোলা’ গীত বোলা হয় । 

ঠিকনাঃ
প্ৰাক্তন ছাত্ৰী,গুৱাহাটী বিশ্ববিদ্যালয় ৷
টিহু,নলবাৰী
ফোন: ৯৩৬৫৪২২০৮৮

অঙ্গন: পৃষ্ঠাঃ 9

বিহুৰ অংগৰাগঃ জেতুকা, বৰ্হমথুৰি

নিবেদিতা ভূঞা ৰাজকুমাৰী

ব’হাগ মানেই আনন্দ-উল্লাস, ৰং-ৰহইচ্ ৷ ব’হাগ মানেই সৌন্দৰ্য আৰু সুখৰ বহিঃপ্ৰকাশ ৷ ঋতুৰাজ বসন্তৰ আগমনে প্ৰকৃতিক কৰি তোলে বিনন্দীয়া ৷ চৌদিশে সেউজীয়াৰ সমাহাৰ ৷ গছে-বনে কুলি-কেতেকীৰ মিঠা মাতে অসমীয়াৰ প্ৰাণত নতুন উদ্যম, আশা-প্ৰত্যাশা সঞ্চাৰ ঘটায়৷ নানাৰঙী ফুলেৰে প্ৰকৃতি জাতিষ্কাৰ হয় ৷ ৰং-ৰূপ ৰূপে-ৰসেৰে সমৃদ্ধ হয় ব’হাগৰ বতৰ ৷ ঢোল, পেঁপা, গগনাই ৰজনজনাই তোলে বৰলুইতৰ দুয়োপাৰ৷ ঢোলৰ চেৱে চেৱে নাচোনৰ তালে তালে ডেকা-গাভৰুৰ  হৃদয়ত প্ৰেমৰ জোৱাৰ উঠে ৷ ধৰণী ধুনীয়া হয় ৰঙালী ৰঙেৰে ৷ অসমীয়া ৰাইজ সাজু হয় ৰঙালীক আদৰিবলৈ৷ মাহ, হালধি, জেতুকা, বৰ্হমথুৰি , ছালকুঁৱৰী ইত্যাদি প্ৰকৃতি প্ৰদত্ত উপাদানেৰে পুৰুষ-নাৰী, আবাল-বৃদ্ধ-বনিতা সকলোৱে নিজকে আনৰ দৃষ্টিত সবাতোকৈ শুৱনি কৰি তুলিবলৈ নানাভাবে চেষ্টা কৰে৷ এই প্ৰসাধন সামগ্ৰীসমূহে সৌন্দৰ্য বৰ্দ্ধন কৰা উপৰিও ৰোগ নিৰাময় তথা প্ৰতিৰোধ কৰাত সহায় কৰে ৷

জেতুকা :

“ৰঙাকৈ চোলাটি এ ভনী 
 কোনে চিলাই দিলে এ ভনী 
কোনে বোলাই দিলে
দুহাততে জেতুকাৰ বোল।
নাচোতে নাচিবি এ ভনী ভালেকৈ
নাচোনত নকৰিবি ভুল॥ ”

অসমৰ জনজীৱনৰ সৈতে ওত্বঃপ্ৰোত সম্পৰ্কযুক্ত তথা সৌন্দৰ্য চৰ্চাৰ অন্যতম উপাদান হ’ল জেতুকা ৷ ব’হাগ বিহুৰ লগত ইয়াৰ সম্পৰ্ক নিবিড়৷ অসমীয়া জীয়ৰী-বোৱাৰীসকলে নখ, চুলি, হাতৰ তলুৱা, গোৰোহা আদিত জেতুকা লগায়৷ মহিলাসকলৰ উপৰিও পুৰুষসকলেও জেতুকা ব্যৱহাৰ কৰে ৷ পৰম্পৰা অনুসৰি নাচনী-বিহুৱতীসকলে জেতুকাৰ বোলেৰে নিজকে বিহুলৈ বুলি সজাই-পৰাই মোহনীয় কৰি তোলে৷ লোকবিশ্বাস মতে , ব’হাগ বিহুৰ উৰুকাৰ নিশা বা প্ৰথম দিনটোত হাত-ভৰিত জেতুকা সানিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি ৷ সেয়েহে অতীজৰে পৰা অসমীয়া ৰাইজে চ’ত মাহৰ দুমাহীৰ দিনা ৰাতিভাগত জেতুকাৰ পাত পটাত পিহি হাতে-ভৰিয়ে লগায়৷ জেতুকাৰ ৰং অধিক উজ্জ্বল কৰিবৰ বাবে পকা পান , পিপলি নেমুৰস, চূণ, থেকেৰা, চাহপাতৰ ৰস, হালধি ৰস, কেঁহৰাজ ৰস, ডালিমৰ পাত আদি মিহলোৱা হয় ৷ জানিব পৰা মতে আগৰ দিনত জেতুকা পাতৰ থুৰিৰে ছোৱালীবোৰে দাঁতত ৰং সানিছিল ৷
        ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰত জেতুকাৰ বিশেষ ভূমিকাৰ কথা উল্লেখ আছে৷ জেতুকাৰ ভেষজ গুণ দেধাৰ৷ জেতুকাই চুলিৰ সৌন্দৰ্য বঢ়ায়,
উফি নোহোৱা কৰে, চুলি সৰা বন্ধ কৰে , দৃষ্টিশক্তি ভালে ৰাখে , নখৰ সমস্যা ,খহটা ছাল মসৃণ কৰা, মুখৰ দুৰ্গন্ধ নাশ কৰা, জণ্ডীছ , বসন্ত ইত্যাদি নানা ৰোগ তথা সমস্যাৰ বাবে জেতুকা অতি উপকাৰী প্ৰাকৃতিক উপাদান ৷ জেতুকাক ত্ৰিদোষণাশক বুলি জনা যায় ৷ অৰ্থাৎ পিত্ত-বাত-কফ এই তিনিবিধ ৰোগৰ বাবে জেতুকা মহৌষধ ৷ জেতুকাৰ বৈজ্ঞানিক নাম হ'ল – Lawsonia Inermis ৷ জেতুকাৰ বিভিন্ন নাম, 
সংস্কৃতত - মদায়নটিকা,
ইংৰাজীত - হেনা ,
হিন্দীত - মেহেন্দি ,
মাৰাঠীত - মেহাদি
তেলেগুত - গৰাণ্টা ,
মালায়ামত - মেটলান্সি ৷

বৰ্হমথুৰি :

কপৌফুল, জেতুকাৰ পিছতে বিহুৰ অন্যতম আকৰ্ষণ হ’ল বৰ্হমথুৰি৷ প্ৰাচীন কালত বৰ্হমথুৰিক প্ৰসাধন সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ তদুপৰি এসময়ত ডেকা-গাভৰুৰ মাজত প্ৰেমৰ প্ৰতীক হিচাপে বৰ্হমথুৰিৰ থুৰিয়ে মান্যতা লাভ কৰিছিল ৷ বৰ্হমথুৰি এবিধ অওকাঠী গছ ৷ “ বৰ্হমখুৰি দীঘল দীঘল পাতেৰে থুৰি মেলা এবিধ আওকাঠী গছ। ইয়াৰ কাঠ কোমল আৰু পাতল কিন্তু মিহি। আগৰ দিনত ইয়াক কটাৰীৰ নাল কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। বৰ্হমথুৰিৰে ওঁঠ বোলোৱাৰ উপৰিও এই গছৰ কুমলীয়া আগটো বহাগ বিহুৰ বিহুৱতীৰ হাতত বোলাবৰ বাবে জেতুকা পাতৰ লগত মিহলি কৰি খুন্দি লৈছিল। ” অসমৰ হাবি-জংঘলত বৰ্হমথুৰি গছ দেখিবলৈ পোৱা যায় ৷ ঘাইকৈ প্ৰান্তীয় চিৰসেউজী অঞ্চল ( Topical Evergreen area ) ত পোৱা যায়৷ অসমৰ উপৰিও নাগালেণ্ড, নেপাল , বাংলাদেশ আৰু হিমালয় সংলগ্ন অঞ্চলত বৰ্হমথুৰি গছৰ দেখা যায় ৷ অসমীয়া বনগীত, বিহুগীত, কবিতা, গল্প আদিত এই সুপ্ৰাচীন গছবিধৰ নাম উল্লেখ আছে ৷ ড° লীলা গগৈৰ “ বিহু এটি সমীক্ষা” ত উল্লেখ আছে—

“ লুইতৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই ,
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
তামোল দি মাতোঁতা নাই ৷ ”

ব’হাগ মাহত বৰ্হমথুৰি গছ দেখিবলৈ অতি মোহনীয় হৈ পৰে ৷ বসন্তৰ আগমন আৰু গ্ৰীষ্মকালৰ প্ৰাৰম্ভিত ইয়াৰ ফুল ফুলে ৷  ফুলবোৰ দেখিবলৈ ৰঙা , বগা বৰণৰ হয় ৷ ফুলবোৰ গন্ধযুক্ত হয় ৷ অতীজত মহিলাৰ ওঁঠযুগল আকৰ্ষণীয় কৰি তুলিবৰ বাবে বৰ্হমথুৰিৰ ৰঙেৰে ৰাঙলী কৰি তোলা হৈছিল৷  ইয়াক অসমীয়া ৰমণীসকলৰ প্ৰাকৃতিক লিপষ্টিক (Lipstick ) বুলিব পাৰি ৷ যি সময়ত আধুনিক যুগৰ দৰে ওঁঠৰ প্ৰসাধন সামগ্ৰী লিপষ্টিক বজাৰত উপলব্ধ নাছিল আমাৰ গাভৰু-বোৱাৰী আৰু নাচনীসকলে প্ৰাকৃতিকভাৱে ব্যৱহাৰ কৰিছিল বৰ্হমথুৰি৷ ইয়াৰ কোমলীয়া থুৰি আৰু চুপহিৰ চোবাই অসমীয়া নাৰীসকলে দুই ওঁঠ
বুলাইছিল ৷ বৰ্হমথুৰিৰ বাহিৰেও অসমীয়া ৰমণীসকলে ওঁঠত তামোলৰ সেলেঙিৰে ৰঙীন কৰি লৈছিল৷ বৰ্হমথুৰিৰ কুমলীয়া পাতে দাঁত ক’লা কৰে ৷ বৰ্হমথুৰি নাৰীৰ অংগৰাগত ব্যৱহাৰ হোৱা উপৰিও ইয়াৰ ঔষধি গুণো অনেক ৷

অঙ্গন: পৃষ্ঠাঃ 10
বহাগঃ অসমীয়া জনজীৱনৰ এক অবিচ্ছেদ্য অংগ

গৌৰী চুবেদাৰ বৰা

ঋতু আহে ঋতু যায় ।প্ৰত্যেকটো ঋতুৱেই কঢ়িয়াই আনে প্ৰকৃতিলৈ নিজা বৈশিষ্ট্য । তেনেভাৱেই শীতৰ অন্তত বসন্ত ঋতুৱে ভুমুকি মাৰে । ৰূপকোঁৱৰ বসন্ত ঋতুক আগুৱাই আনে অসমীয়াৰ হেঁপাহৰ বহাগ মাহে । এই বহাগেই হ'ল অসমীয়াৰ আশা-আবেগৰ আখল ,য'ত প্ৰতিফলিত হয় প্ৰকৃতিৰ ৰাজ্যত চকু ছাঁত মাৰি ধৰা শোভাবৰ্ধন । গছে পাত সলায় ,কেউফালে ৰমকজমক পৰিবেশৰ সৃষ্টি হয়। পাহাৰৰ পৰা ভৈয়ামলৈ আগমন ঘটে হিয়া জুৰ পেলোৱা মিঠা মাতৰ কুলি-কেতেকীৰ দৰে পক্ষীকূলৰ । চৌদিশে আমোল-মোলাই ফুলি উঠে কপৌ, ভাটৌ, চম্পা, তগৰ, গুটিমালীৰ দৰে পুষ্পৰাজি ; যাৰ পৰশত মানৱৰ হিয়াত জোৱাৰ তোলে অফুৰন্ত প্ৰেম আৰু আনন্দৰ নিজৰা বাগৰি । ডেকা -গাভৰুৰ লগতে কৃষক ককাইৰ মনলৈ আহে উদ্দাম আশা-বাসনা । পালন কৰা হয় অসমীয়াৰ প্ৰাণৰ উৎসৱ বহাগ বিহু । প্ৰকৃতপক্ষে বহাগ বিহু এক যৌৱনৰ উৎসৱ ; ঢোল পেঁপা , গগনাৰ মাতে ডেকা-গাভৰুৰ মন উন্মনা কৰে । শিপিনীৰ শালত মন নবহা হয়। সেয়ে বিহুৰ আগেয়েই চেনাইলৈ বুলি বিহুৱান ,বকুল বৰা ধানৰ চিৰা আদিৰ যোগাৰ কৰে । বহাগ বিহু যৌৱনৰ উৎসৱ হ'লেও ইয়াৰ লগত কৃষিজীৱী সমাজখনৰ সৃষ্টিশীলতাৰ কথা জড়িত হৈ আছে । এইখিনিতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি গীতৰ কলিয়ে অগা-ডেৱা কৰিছেহি ...."বহাগ মাথো এটি এটি ঋতু নহয়; নহয় বহাগ এটি মাহ ; অসমীয়া জাতিৰ ই আয়ুস ৰেখা , জন -জীৱনৰ সাহ"
সঁচাই বহাগ হ'ল প্ৰকৃতিৰ সৈতে আমাৰ নতুনকৈ কৰা এক বান্ধোন । বুনিয়াদী ৰূপত বহাগ বিহু হৈছে বান্ধোন । এই বান্ধোন দীঘলতি , মাখিয়তীৰ সৈতে বান্ধোন । মাহ -হালধীৰে সৈতে বান্ধোন , গছ-বিৰিখৰ সৈতে বান্ধোন আৰু অতি গুৰুত্বপূৰ্ণ অসমীয়াৰ জীৱন ৰেখা পথাৰৰ সৈতে বান্ধোন । কেৱল সেয়াই নে ! অসমৰ দিহিঙে-দৈয়াঙে সিঁচৰতি হৈ থকা জনগোষ্ঠীসমূহৰ মাজৰ সম্প্ৰীতিৰ বান্ধোন । বিহুৰ অন্তৰালতেই আছে সকলোৰে মাজৰ অন্তৰময়তাৰ বিনন্দীয়া ৰূপ । বিহু অসমীয়াৰ জাতীয় জীৱনৰ আশা-আকাংক্ষা, ৰং-আনন্দ , আবেগ-অনুভুতিৰ উৎসৱ । বিহুৱেই শিকায় জীৱনটো উপভোগ কৰিবলৈ ৰং-ৰহইচ বিলায় । মৰম-চেনেহ বিলাই দি জাতিৰ জীৱনত প্ৰাণ সঞ্চাৰৰ উদ্যোগ লয় । সেয়ে হয়তু ক'ব পাৰি বিহু সমাজৰ শিক্ষক , যি একে এনাজৰীৰে বন্ধা জাতিটোক প্ৰাণসঞ্চাৰ কৰা জীৱন শিল্পীৰ ৰূপ দিবলৈ শিকায় । জাতিক জাগৰিত কৰি সাহসৰ মহামন্ত্ৰ দি যায় বিহুৱে । জীৱন নাৱৰ ধুমুহাৰ আখৰাৰে হিয়াত জগায় তোলে সাহস । সোঁৱৰাই দিয়ে সাহস অবিহনে যে জাতিৰ অস্তিত্বও বৃথা । তাৰবাবেই নিশ্চয় প্ৰস্তুতিৰ আখৰাৰ ৰূপত আহে বহাগ বিহুৰ আগেয়ে বৰদৈচিলাৰ দুৰ্যোগ সময় । বহাগৰ আকাশ হৈ পৰে মাজে সময়ে ধনুধাৰী অৰ্জুনৰূপী , পিঠিত মেঘৰ বোজা আৰু বাণৰ তীৰ । তেনেসময়টো চলে প্ৰাণসঞ্চাৰৰ প্ৰস্তুতি । বতাহৰ বোকোছাত উঠি নামি আহে ধৰালৈ বৰষুণ ; বহাগৰ বলীয়া বান ৰূপত । উটুৱাই নিয়ে সমস্ত ধূলি -মাকতি আবৰ্জনা ।সজীৱ হৈ পৰে গছ-লতিকা । হাজাৰজন কৃষকৰ মুখত হাঁহি বিৰিঙাই জীপ পাই উঠে পথাৰৰ উদং বুকু ।
বিহু অসমীয়াৰ জাতীয়  জীৱনৰ আশা-বাসনাৰ , আনন্দ-অনুভূতিৰ উৎসৱ ।বছৰৰ মূৰত বিহু আহে , তাৰ ভিতৰত বহাগ বিহুৰ মাদকতাই সুকীয়া । বহাগতে ঢোল, পেঁপা , বৰদৈচিলা , বৰষুণ আদিৰে জাতিটোক নতুনকৈ জগোৱাৰ সময় । দেহ-মন নিকা কৰি বিহুৰ দিনা নিজৰ প্ৰাত্যহিক জীৱনৰ দুখ-বেদনাবোৰ জাৰি-জোকাৰি আনন্দৰে গুৰু ভকতক মান-সৎকাৰ কৰি , ৰাইজৰ ওচৰত মূৰ দোঁৱাই আনুসংগিক কৰ্তব্য পালনেৰে সম্প্ৰীতিৰ এনাজৰী ডাল অটুত ৰখাৰ প্ৰয়াস কৰা হয় । 
বিহু স্বকীয়ভাৱেই এক সৰল সম্প্ৰীতিৰ ৰূপ সন্নিহিত সাহস আৰু প্ৰেৰণাৰ সমষ্টি । বিহুৱেই দি যায় পথাৰ আৰু প্ৰকৃতিৰ প্ৰতি অনুৰাগ , জনগোষ্ঠীয় ঐক্য-সংহতিৰ পৰিবেশ , সমতাৰ ভেটি , জাতীয় জীৱনৰ পাঠদানৰ লগতে জাতিটোক জাগৰিত কৰাৰ মহা সঞ্জিৱনী শক্তি । 
বিহু হৈ পৰক অসমীয়া সমাজখনৰ ঐক্য-সংহতিৰ ধাৰক আৰু বাহক । অনাদি কালৰে পৰা বহাগেই নিৰবিচ্ছিন্নভাৱে বোৱাই আছে অনাবিল আনন্দ , প্ৰেম আৰু মিলনৰ সূঁতি ; আৰু চিৰ প্ৰবাহমান হওক  এই মহামিলনৰ সূঁতি । বহাগ বিহু হৈ থাকক অসমৰ সমন্বয়ৰ বুনিয়াদ । হওক শান্তি আৰু সাম্যৰ পৃথিৱীৰ এক অবিচ্ছিন্ন সোপান ।

অঙ্গন: পৃষ্ঠাঃ11
অসমৰ এবিধ লোকবাদ্য "ঢোল"

পৰশা ৰাণী বৰা 

মাখিৰ মৰে কাটি       ঢোলেটি বনালোঁ 
           পিপৰাৰ ছালেৰে চালোঁ,
জেলুকৰ ছালেৰে      বৰতি বনালোঁ 
          ফৰিঙৰ ঠেঙেৰে বালোঁ। 

অসমত বসবাস কৰা প্ৰত্যেক জাতি-জনজাতিৰ নিজস্ব এক সংস্কৃতি আছে । আমাৰ বাপতি-সাহোন বিহুটি পালন কৰিবৰ বাবে এক অপৰিহাৰ্য্য অংশ হৈছে ঢোল। ঢোলে বৰ্তমান বহু আদৰ পাবলৈ সক্ষম হৈছে। ঢোল অসমৰ জনসংস্কৃতিৰ এবিধ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্ট্যগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোক-কথাত পোৱা যায়। পৃথিৱীৰ  প্ৰায়বিলাক লোক-সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাৱে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। 
             শাস্ত্ৰই কৈছে --- সত্য যুগত ঢোল সোণৰ, ত্ৰেতা যুগত ঢোল ৰূপৰ, দ্বাপৰ যুগত ঢোল তামৰ আৰু কলিযুগত অৰ্থাৎ বৰ্তমান যুগত কাঠৰ ঢোল ব্যৱহাৰৰ কথা জনা যায়। ঢোল এবিধ আনন্দ বাদ্য। ঢোলৰ বিভিন্ন অংশত বিভিন্ন বৰণ অৰ্থাৎ --- লা, হেঙুল আৰু হাইতাল লগোৱা হয়। ঢোলৰ প্ৰতিটো অংগক একোটা নামেৰে নামাংকিত কৰা হৈছে-- কোবা, তালি, বৰতি, মলুৱা, কাতনি, কুতনি, ফৰিঙা, কনাৰিজিৰি আৰু বাসুকি। 
              সপ্তদশ, ষষ্ঠদশ শতিকাত ঢোলৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা যায়। ' কালিকা পুৰাণ ' নামৰ গ্ৰন্থৰ পৰাই ইয়াৰ প্ৰমান পোৱা যায়। ঢোল চাৰি ধৰণৰ পোৱা যায়---- জয়ঢোল, ঢেপাঢোল, বৰঢোল আৰু ওজাঢোল। জয়ঢোল সাধাৰণতে ওজাপালি আৰু দেওধনী নৃত্যৰ বাবে আৱশ্যক। ঢেপাঢোল আৰু বৰঢোল দৰঙীয়া সমাজত বিশেষভাৱে প্ৰচলিত। বুৰঞ্জীয়ে গৰকা দিনৰে পৰা অসমত আহোম স্বৰ্গদেউসকলে ঢুলীয়া অনুষ্ঠানক সন্মান জনোৱাৰ কথা সৰ্বজনবিদিত। অসমৰ আউনীআটী আৰু দক্ষিণপাট সত্ৰত ৰাস উৎসৱত ঢোলক বিশেষ মৰ্য্যদা প্ৰদান কৰা হয় আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত ঢোলৰ ব্যৱহাৰ অপৰিহাৰ্য।
              যুক্তিসন্মত ভাবেই ঢোল অসমীয়া বিহুৰ আটাইতকৈ প্ৰয়োজনীয় বাদ্যযন্ত্ৰ। বিহু আৰু হুঁচৰিত ঢোলৰ চেৱে মূল দ্বায়িত্ব লৈ ইয়াক আগবঢ়াই নিয়ে। বিহু নৃত্যৰ লগতে গীত বা আন পেঁপা , গগনা আদি বাদ্য বজাওঁতেও ঢোল সংগত কৰিব লাগে। বিহু বা হুঁচৰিৰ আৰম্ভণিৰ পৰা শেষলৈকে কেৱল ঢোল আৰু তালহে একেৰাহে বজোৱা হয়। বাকী বাদ্যযন্ত্ৰবিলাক মাজে মাজেহে ব্যৱহাৰ হয়।
           ইয়াৰ বাহিৰেও কিছুদিনৰ আগলৈকে বিয়া সবাহ আদিত ওজাপালি এক অপৰিহাৰ্য্য অনুষ্ঠান আছিল। ওজাপালি এক স্বয়ংসম্পূৰ্ণ একক ঢোল বাদনৰ অনুষ্ঠান। ওজাসকলৰ ঢোলৰ চেও সাধাৰণ বিহু ঢোলতকৈ কঠিন আৰু তেওঁলোকে ঢোলত বিভিন্ন শব্দ ফুটাই দৰ্শকক আমোদ দিয়ে। ঢোলক এবিধ মাংগলিক বাদ্য হিচাপে গণ্য কৰা হয় আৰু সেয়ে বিবাহ, অসমৰ সত্ৰসমূহৰ বিভিন্ন মাংগলিক অনুষ্ঠান যেনে ৰাসোৎসৱ, ফল্গুৎসৱ আদিত ওজাপালিৰ পৰম্পৰা আছে। আনকি ম’হ যুঁজ, কুকুৰা যুঁজ আদিতো ঢোল পৰিৱেশন কৰা অসমৰ ঠায়ে ঠায়ে দেখা যায়। 
          অসমীয়া সংস্কৃতিত ঢোলক জনপ্ৰিয় কৰি তোলাত চুতীয়া আৰু আহোম ৰজা সকলৰ অৱদান আটাইতকৈ বেছি। ঢোলৰ মালিতাত ৰতনপুৰৰ উল্লেখ কৰা হয় যিটো এটা সময়ত চুতীয়া ৰাজ্যৰ সাংস্কৃতিক কেন্দ্ৰ আছিল। তাৰ বাহিৰেও প্ৰায়বোৰ বিহু মালিতাত শিৱ-পাৰ্বতীৰ কথা কোৱা হয় যি চুতীয়া সকলৰ আৰাধ্য দেৱ-দেৱী গিৰা-গিৰাছিৰ আন এটি নাম আছিল। ঢোলৰ আন আন মালিতাত আহোম স্বৰ্গদেও সকলৰ উল্লেখ প্ৰায়ে পোৱা যায়। ইয়াৰ পৰা বুজিব পাৰি যে ঢোলে স্বৰ্গদেও সকলৰ আমোলত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। আনকি, আহোম ৰজা বা ডা-ডাঙৰীয়া সকল বাটচ’ৰাৰ বাহিৰলৈ ওলালে, দোলাৰ কাষে কাষে ঢুলীয়াই ঢোল বজাই যোৱাৰ ৰীতি প্ৰচলিত আছিল। ইয়াৰ বাবে প্ৰস্তুত কৰা দোলাকাষৰীয়া চেও বুলি ঢোলৰ এক বিশেষ চেও আজিও প্ৰচলিত আছে। ৰাইজৰ মাজত ৰাজ-আদেশ বা দেশৰ খবৰ ঢোলপিতি ঘোষণা কৰা হৈছিল বুলি বুৰঞ্জীত উল্লেখ পোৱা যায়। 
          বিভিন্ন উপলক্ষত, অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বেলেগ বেলগ ধৰণৰ ঢোল ব্যৱহাৰ কৰে। এই ঢোল বিলাকৰ মূল নিৰ্মাণ প্ৰক্ৰিয়া একে হ'লেও আকাৰ, বাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অনেক প্ৰভেদ দেখা যায়।
বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল যি ঢোল বজোৱা হয় তাক বিহু ঢোল বা পাতি ঢোল বোলা হয়। ওজা ঢোলৰ আকৃতি আৰু নিৰ্মাণ প্ৰণালী বিহু ঢোলৰ দৰেই, কিন্তু ই বিহু ঢোলতকৈ সামান্য ডাঙৰ। ঢুলীয়া ওজাই একক বাদ্য হিচাপে এই ঢোল বজায়। ঢোলৰ ওজা সকলে বিভিন্ন জীৱ-জন্তু , চৰাই, যন্ত্ৰ-পাতি আদিৰ মাত এই ঢোলত ফুটাই তুলিব পৰা বাবে ইয়াক কথা কোৱা ঢোল বুলিও কয়।
অসমৰ ডিমাছা আৰু তিৱা সকলে ব্যৱহাৰ কৰা ঢোলৰ নাম হ’ল খ্ৰাম, আনহাতে বড়ো আৰু ৰাভাসকলে বজোৱা দীঘলীয়া আকৃতিৰ ঢোলটোক খাম বুলি কোৱা হয়। খ্ৰাম আৰু খাম আকৃতি প্ৰায় অনুৰূপ হোৱা বাবে এই দুইটাকে একে শিতানত ৰখা হৈছে। খ্ৰাম সাধৰণতে ধৰ্মীয় উপলক্ষ্যতহে বজোৱা হয়।
অসমৰ দৰং-মঙ্গলদৈৰ ফালে ঢেপাঢু্লীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা ঢেপা ঢোলৰ নিৰ্মাণ প্ৰণালী, বজোৱাৰ কৌশল সম্পূৰ্ণ পৃথক। ছাগলিৰ ছালেৰে দুতৰপীয়াকৈ ছোৱা, দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়। বৃহৎ আকাৰৰ, আৰু ডাঙৰ শব্দ কৰা ঢোল, সাধাৰণতে দেওধনী নৃত্যৰ লগত সংগত কৰা হয়। দৰং-মঙ্গলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মনসা বা মাৰৈ পূজাত একক ভাবে জয়ঢোল বজোৱা হয়।
           অসমৰ ঢোল বিলাকৰ মাজত বৰঢোলেই আটাইতকৈ আকাৰত ডাঙৰ, প্ৰায় ডেৰ মিটাৰ মান দৈৰ্ঘ্যৰ বৰঢোলৰ দুইমূৰৰ ব্যাস আধা মিটাৰৰ পৰা এক মিটাৰৰ মানলৈকে হোৱা দেখা যায়। ইয়াৰএটা মূৰ হাতেৰে আৰু আনটো মূৰ এডাল ভাজ থকা মাৰিৰে কোবাই বজোৱা হয়। দৰং-মঙ্গলদৈ আৰু কামৰূপত পৰম্পৰাগত নৃত্য গীত আভিনয়েৰে সংপৃক্ত বৰঢুলীয়া অনুষ্ঠান আতি আকৰ্ষণীয়। পুতলা নাচতো বৰঢোল বজোৱা হয়।
ঢোলবাদ্যৰ বিশাৰদ সকলে নিজৰ প্ৰতিভা আৰু চেষ্টাৰে ঢোলক আজিৰ এই মৰ্য্যাদা প্ৰদান কৰিছে। তাৰে কেইজনমান ঢোলৰ ওজাৰ নাম হৈছে -:

স্বৰ্গীয় মঘাই ওজা
স্বৰ্গীয় ৰত্ন ওজা
স্বৰ্গীয় বগাই ওজা। ইত্যাদি।।শেষত ঢোলে যাতে ৰাষ্ট্ৰীয় মৰ্যদা লাভ কৰে তাৰেই প্ৰাৰ্থনা।

ঠিকনাঃ                
হাৱাজান
ফোন নং: ৮০৯৯৭৩০৪৫২

অঙ্গন: পৃষ্ঠাঃ12
স্বাস্থ্য বিষয়ক লেখা

ব্যায়াম চৰ্চাৰ আগতে জানিবলগীয়া কথা

ৰেখামণি চাৰিঙীয়া

সৌন্দৰ্য সাধনাক পৰিপূৰ্ণৰূপত ফুটাই তুলিবলৈ হ'লে শৰীৰটোৰ বাবে ব্যায়ামৰ প্ৰয়োজন হয়। কেৱল সৌন্দৰ্যৰ কথায় নহয়, শৰীৰটোক সু-স্বাস্থ্যৱান কৰিবলৈও ব্যায়ামৰ নিতান্তই আৱশ্যক। কিন্তু সুন্দৰ বা সু-স্বাস্থ্যৱান আগ্ৰহীসকলে ব্যায়ামৰ চৰ্চা কি দৰে কৰিব, কোন সময়ত কৰিব, এই সকলো জানি লোৱাটো অতি দৰকাৰী বুলিব পাৰি।
সচৰাচৰ দেখা যায় যে শকত ব্যক্তি এজনে যেতিয়া ডায়েটিং কৰিবলৈ লয়, তেতিয়া দেহটো ক্ৰমশঃ ক্ষীণাবলৈ ধৰে। কিন্তু এনে কৰোঁতে কেতিয়াবা ব্যক্তিজন শাৰীৰিকভাৱে দুৰ্বল হোৱাও পৰিলক্ষিত হয়। আকৌ কিছু কিছুৱে নিজকে 'ফিট' হৈ থাকিবলৈ যেতিয়াই-তেতিয়াই জধে-মধে ব্যায়াম কৰি শৰীৰ ক্ষতিগ্ৰস্ত কৰে। সেইবাবে প্ৰথমতেই ব্যায়াম চৰ্চা কৰিবলৈ আগ্ৰহ কৰা, শৰীৰৰ প্ৰতি সততে যত্নৱানসকলে ব্যায়াম কিয় আৰু ফিটনেছ কি সেই বিষয়ে জ্ঞান আহৰণ কৰি লোৱাটো জৰুৰী।
             এক কথাত শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ যি নিয়মিত অংগ-চালন কৰা হয় তাকেই ব্যায়াম বুলি ক'ব পাৰি। আনহাতে ব্যায়াম, এৰোবিক্স, যোগাসন ইত্যাদিৰ যোগেদি শৰীৰ লোভনীয় কৰি ৰখাকেই ফিটনেছ বুলি কোৱা হয়।

ব্যায়াম চৰ্চা কেনেকৈ আৰম্ভ কৰিব:- ব্যায়াম চৰ্চা অব্যাহত ৰাখিবলৈ ৰাতিপুৱাৰ সময়খিনিয়েই শ্ৰেষ্ঠ বুলি বিবেচিত। বয়স আৰু শাৰীৰিক ক্ষমতা সকলোৰে একে নহয়। সেইবাবে লাহে-লাহে ক্ষমতা অনুসৰি ব্যায়াম চৰ্চা বঢ়াই নিব লাগে।থিয় বা বহা অৱস্থাত ব্যায়াম চৰ্চা কৰোঁতে বহা বা থিয় হোৱাৰ ভংগী সঠিক হোৱা জৰুৰী। ব্যায়ামৰ গতি মন্থৰ হলেও সম্পূৰ্ণৰূপে নিয়মিত হ'ব লাগিব। লৰালৰিকৈ ব্যায়াম কৰা অনুচিত। ইয়াৰ ফলত মাংসপেশীৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে। ব্যায়ামৰ সময়ত সাধাৰণভাৱেই উশাহ-নিশাহ লোৱা উচিত। যি অংগৰ বাবে ব্যায়ামত ব্যস্ত হৈছে মনটো তাতেই কেন্দ্ৰীভূত কৰিবলৈ যত্ন কৰিব। পেট পূৰাই খাদ্য গ্ৰহণ কৰি ব্যায়াম চৰ্চা নকৰাই ভাল। খাদ্য গ্ৰহণৰ দুই/তিনি ঘন্টা পিচতহে ব্যায়াম কৰা উচিত। জহকালি ব্যায়াম কৰিলে বেছিকৈ ঘাম ওলায়।সেয়ে জহকালি ব্যায়ামৰ সময়ত পানী পান কৰিব লাগে। কোনো অভিজ্ঞ প্ৰশিক্ষকৰ পৰা পৰামৰ্শ লৈহে ব্যায়াম কৰা উচিত। ব্যায়ামৰ ফলত শৰীৰত বিষ অনুভৱ হ'লে ততালিকে ডাক্তৰৰ পৰামৰ্শ লোৱা বাঞ্ছনীয়।

ব্যায়াম বা ফিটনেছৰ পৰা পোৱা উপকাৰ:-
১/ এটা আৰ্কষণীয় গঠনৰ শৰীৰৰ অধিকাৰী হ'ব পাৰি।

২/ দুঃশ্চিন্তাৰ পৰা হাত সাৰিব পাৰি।

৩/ ব্যায়াম অব্যাহত ৰাখিলে ৰাগিয়াল বস্তুৰ প্ৰতি আসক্তি কমি আহে।

৪/ ব্যায়ামে শৰীৰক যথেষ্ট শক্তিৰ যোগান ধৰে। যাৰ ফলত কষ্টকৰ কামেও মানুহ এজনক ভাগৰুৱা কৰিব নোৱাৰে।

৫/ শিশু অৱস্থাতে ব্যায়াম কৰিবলৈ ল'লে শিশুটিৰ শাৰীৰিক আৰু মানসিক বিকাশত যথেষ্ট সহায় হয়।

৬/ ব্যায়ামে হজম শক্তি বঢ়ায়।

            আচলতে ব্যায়াম প্ৰত্যেকজন মানুহৰ বাবে অতিকে জৰুৰী যদিও সকলোৱে ইয়াৰ স'তে জড়িত হৈ নপৰে। কিন্তু শৰীৰ তথা স্বাস্থ্যৰ প্ৰতি সচেতন ব্যক্তিয়ে কেতিয়াও ব্যায়ামৰ পৰা আঁতৰি নাথাকে। সেয়ে ব্যায়াম আৰু ফিটনেছ সম্পৰ্কে কেৱল জনাই নহয় ইয়াৰ নিয়মাৱলীসমূহ সঠিকভাৱে পালন কৰাও জৰুৰী।।

ঠিকনাঃ
তিনিচুকীয়া(অসম)

অঙ্গন: পৃষ্ঠাঃ 13
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ

(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ

খণ্ড ১৭
                  
তেতিয়া সময় সন্ধিয়া পাঁচমান বাজিল। সকলোৱে গাড়ীত বয়-বস্তুবোৰ ভৰালে আৰু নিজে নিজৰ আসনত বহিল গৈ । গাড়ীত উঠা আগতে ছাৰহঁতে ক'লে"--- টাউন পালে অলপ সময় ৰৈ ৰূপাক ডাক্তৰক দেখুৱাব লাগিব । এতিয়া গাড়ীলৈ ৰূপাক লৈ আনা বুলি ছাৰ-বাইদেউহঁত গাড়ীত উঠিল । নিশাই মোৰ হাতত ধৰি আগুৱাই নিবলৈ লওঁতেই পৰাগে আহি দাঙি গাড়ীৰ চিটত বহোৱাই দিলেহি । গাড়ী চলিল । দুঘণ্টামানৰ পাছত  টাউন পালোহি । ছাৰে চালকজনক গাড়ীখন এখন নাৰ্চিংহোমৰ সন্মুখত ৰখাবলৈ ক'লে । চালকজনে গাড়ী ৰখোৱাত গৌৰৱ আৰু সুশান্ত ছাৰৰ লগতে পৰাগ , নিলয় , চন্দন তিনিও নামি গ'ল । 
          অলপ পাছত মোক নাৰ্চিংহোমৰ ভিতৰলৈ পৰাগে আহি দাঙি গাড়ীৰ পৰা নমাই লৈ গ'ল । লগত নিশা আৰু ৰীমাও আহিল । ছাৰহঁত তাতে ৰৈ আছিল । সুশান্ত ছাৰে পৰাগক জোকালে প্ৰেম চাগৈ এনেকুৱাই ন' । পৰাগে মোৰ চকুলৈ চাই চকুৰে বুজালে যে হয় প্ৰেম এনেকুৱাই । সিহঁতে মুখটিপি হাঁহিলে । ডাক্তৰে  ৰোগী চোৱা নিদিষ্ট কোঠালৈ মোক লৈ যাবলৈ ক'লে ।  পৰাগে নি মোক চকী এখনত বহাই দিলে । ছাৰ, নিলয়হঁতো মোৰ ওচৰত থিয় দি থাকিল । ডাক্তৰে ভৰিখন বহি থকাৰ ভাগত ভালদৰে চাব নোৱাৰিব বাবে মোক বিছনাখনত শোৱাই দিবলৈ ক'লে"--- না মই নিজেই উঠিব পাৰিম চাগৈ দাঙিব নালাগেচোন বুলি থিয় হ'বলৈ লৈ ভৰিখন ভালদৰে ফিট কৰিব নোৱাৰা হ'লোঁ । পাছত পৰাগে ৰীমাই ধৰি মোক বিছনাত শোৱাই দিলে ।  বিচনাখনত উঠাৰ পাছতহে সমস্যাত পৰিলোঁ । কাৰণ ডাক্তৰে ভৰিখনৰ  সম্পূৰ্ণ কাপোৰ উদঙাই চালেহে ধৰিব পাৰিব কি হৈছে  ! মই পিন্ধা চুৰিদাৰ যোৰৰ লং পেণ্টটো তললৈ ঠেক আছিল বাবে ওপৰলৈ কোঁচাব পৰা নাযায় । এতিয়া ভৰিখন চাবলৈ হ'লে মই কঁকালৰ পৰা পেণ্ট খহাই দিব লাগিব । কি কৰোঁ এতিয়া সকলোৰে আগত কেনেকৈ কঁকালৰ পৰা পেণ্টটো খহাই দিওঁ । কঁকালত মেৰিয়াই ল'বলৈও দোপাট্টা দুফাল কৰিলোঁ । এফাল পৰাগৰ  কপালখন বন্ধা আছে আৰু আনফাল মোৰ ভৰিত । কি কৰোঁ ছাৰহঁতে মই লাজ কৰিছোঁ বুলি কথাটো বুজিব পাৰি বাহিৰলৈ ওলাই গ'ল । পৰাগেও বুজিব পাৰি ইফালে-সিফালে চাই ডাক্তৰৰ চকীত পাৰি থোৱা গামোচাখন আনি নিশাৰ হাতত দি সিহঁত তিনিওটা বাহিৰলৈ ওলাই গ'ল । ডাক্তৰে পৰাগৰ কাণ্ড দেখি একো নকৈ মিচিকিয়াই  হাঁহি মাৰি সুধিলে"---তোমাৰ লাভাৰ  নেকি ! বৰ বুধিয়ক ডেকা ল'ৰা ।"
        নিশাই তপৰাই উত্তৰ দিলে হয়, "হয় ছাৰ ।" দুয়োজনীয়ে ধৰি মোৰ কঁকালত গামোচাখন মেৰিয়াই দি নিশাই পেণ্টটো আঁঠুৰ তললৈ খহাই ভৰিখন উলিয়াই দিলে । ভৰিখনৰ আঁঠুৰপৰা ওপৰলৈ অলপ ক'লা পৰি ওখহি আছিল । তেতিয়াহে সিহঁত দুজনীয়ে অলপ উপলব্ধি কৰিলে মই কিমান বিষ সহ্য কৰি আছিলোঁ । পৰাগহঁতে ৰূমৰ বাহিৰত উচ্‌পিচাই ইফালৰ পৰা সিফাললৈ খোজ কাঢ়ি আছে । ডাক্তৰে দেখি ইচ্‌ বহুত বেয়াকৈ আঘাত পালা কেনেকৈ কি হ'ল সুধিলে । সকলো বিৱৰি ক'লোঁ ডাক্তৰক । ডাক্তৰে ভৰিখন পিটিকি -মোহাৰি ভালদৰে চাই ভৰিখন জোৰকৈ এবাৰ টানি দিয়াত অসহ্য বিষ সহ্য কৰিব নোৱাৰি অ' "মা" বুলি চিঞৰি দিয়াত কি হ'ল বুলি ছাৰ আৰু পৰাগহঁত দৌৰি সোমাই আহিল। পৰাগ আহি মোৰ কাষ পালেহি আহি মোৰ সোঁহাতখন খামুচি ধৰিলেহি । আনফালে বাওঁহাতখন নিশাই ধৰি আছিল । বিষত চকুৰে দুধাৰি চকুলো বৈ আহিছিল মোৰ চকুলো দেখি পৰাগৰ মন সেমেকি গৈছিল। বৈ অহা চকুলো তাৰ দুহাতে মোহাৰি দিছিল। তেতিয়া মোৰ বুকুখনত বুজাব নোৱাৰা এক অবুজ শোকে খুন্দা মাৰি ধৰিছিল। মই আবেগিক হৈ পৰিছিলোঁ। একো ক'ব পৰা নাছিলোঁ মাথোঁ পৰাগৰ মুখলৈ একেথৰে চাই ৰৈছিলোঁ । 
        ডাক্তৰে ছাৰহঁতলৈ চাই   ক'লে --"আচৰিত এনেকৈ খোজ কাঢ়ি ফুৰিলা। আঁঠুটো মোচোকা খাইছে আঁঠু ঘিলাটো জইন এৰিছে ; নাৰ্ভ হয়তো পাক খাইছে সেয়ে ক'লা পৰি গৈছে ভৰিখন । এতিয়া এক্সৰে কৰালেহে আচল ৰিৰ্পট ওলাব। আজি আপোনালোকৰ পলম হ'বগৈ কাইলৈ এক্সৰে এখন কৰাব বুলি ছাৰহঁতলৈ চাই ক'লে ।আৰু আজিলৈ বিষ কমিবলৈ মই বেজী আৰু দুটামান মেডিচিন দিওঁ তাকে লৈ যাওক বুলি কৈ মোৰ ভৰিখন ডাক্তৰে ভালকৈ বেণ্ডেজ কৰি দিলে। ঠিক হৈ যাব মাথোঁ সপ্তাহ দহদিন বেড ৰেষ্টত থাকিব লাগিব । 
          ডাক্তৰ কথা শুনি চিন্তাত পৰিলোঁ । সপ্তাহ দহদিন বিছনাত কেনেকৈ পৰি থাকিম। এতিয়া চিকিৎসা কৰিবৰ বাবেওটো পইচা লাগিব। আকৌ ঘৰত পইচা বিচাৰি মা-দেউতাক চিন্তাত পেলাব লাগিব। মোৰ এনেকুৱা হৈছে বুলি গম পালে ঘৰৰ সকলোৱে চিন্তা বাঢ়িব । ছেঃ আজি যে মোৰ কি হ'ল !ভৰিৰ যন্ত্ৰণাতকৈ  এতিয়া মনৰ যন্ত্ৰণাহে মোৰ বেছি বাঢ়িল । 
         ডাক্তৰে বেজী এটা দি ক'লে--- 'ইমান চিন্তা নকৰিবা সকলো ঠিক হৈ যাব । তাতে কেয়াৰ ল'বলৈ তোমাৰ মানুহ আছেইচোন।"
        হয় ছাৰ বুলি ধন্যবাদ এটি জনাই মই ডাক্তৰৰ কথাত শলাগ ল'লোঁ । ডাক্তৰজনক সকলোৱে ধন্যবাদ দি ওলাই আহিল ।  পৰাগে মোক আকৌ দাঙি গাড়ীলৈ লৈ আহিল ।
     
আগলৈ...

অঙ্গন: পৃষ্ঠাঃ 14
অণুগল্পঃ
মনৰ প্ৰশান্তি

অঞ্জনা দেৱী

চম্পাই বিহু বুলি চাউল কেইটামান খুন্দি চেনী দিয়া বৰা চাউলৰ পিঠা কেইটামান বনাই অলপ ঘৰত ৰাখি বাকী খিনি তাই কাম কৰা মানুহ ঘৰলৈ বুলি বান্ধি সেই ফালে খোজ ল'লে। যোৱাৰ পথত তাই পাবলগীয়া   টকাকেইটাৰে গিৰীয়েকৰ দৰৱৰ লগতে বিহুৰ জোৰা মৰিব নে নাই চিন্তা কৰি কৰি কেতিয়ানো গন্তব্য স্থান পালেহি গমকে নাপালে। গেটখন খুলি ভিতৰলৈ বুলি সোমাওঁতেই মালিকে আহি "বাইদেউ অলপ ওলাই গৈছে, তুমি অলপ বহা বুলি কৈ" তেখেতো ওলাই গ'ল। চম্পা মহা চিন্তাত পৰিল- "তাই পাওঁনা কেইটাৰো মুদা মৰিব নেকি আজি।" পিছে তেনেতে মানুহ গৰাকী সোমাই অহাত তাই সকাহ পালে আৰু পিঠাৰ টোপোলাটো শ্ৰদ্ধাৰে তেখেতৰ হাতত অৰ্পণ কৰি পাওঁনা কেইটাৰ বাবে হাত পাতিলে। মানুহ গৰাকী অলপ কঠোৰ যদিও চম্পাৰ চকুৰ ভাষা বুজি পাবলগীয়া কেইটাৰ সৈতে বিহুৰ খৰছৰ কাৰণে কিছু অতিৰিক্ত ধন তাইৰ হাতত গুজি দি পঠাই দিলে। চম্পাই খৰ খোজেৰে আহি ঘৰ পালেহি আৰু মনৰ প্ৰশান্তিত এপাক বিহুও নাচি ল'লে।

যোৰহাট

অঙ্গন: পৃষ্ঠাঃ 15
প্ৰত্যাগমন

মীনাক্ষী ৰায় ডাকুৱা

পূৱ আকাশত বেলিটো ৰাতিপুৱাই উদয় হ'ব‌ই লাগে । নহ'লে আকাশে সাৰ নাপায় । জগত আলোকিত নহয় । ফুলৰ পাহি মেল নাখায় । সেই পোহৰৰ পূৰ্বাভাস নাপালে চৰাইও কুঞ্জন নকৰে । ফুলৰ কলি তৈয়াৰী হয় ৰাতি । দোকমোকালিৰ বতাহ আৰু অকণমান ৰ'দৰ স্পৰ্শ পালে ফুলৰ কলিৰ পাহিবোৰ মেল খায় তৰপে তৰপে । হয়তোবা ঠিক স্পৰ্শ নহয় । ৰ'দৰ তাপত নিজকে নিৰাৱৰণ কৰা । গোটেই দিনটো সে‌ই তাপৰ খেলাত ডুবি থাকে আকাশ, মাটি, প্ৰান্তৰ ।
এটি উতলা মন লৈ নিজৰ ঘৰৰ চাদৰ ওপৰত সজনীকান্ত‌ই এইবিলাক কথাকেই ভাবি আছিল । ভাৱনাৰ স'তে মিহলি হৈ আছিল এক ধৰণৰ বিষণ্ণতা । জীৱনৰ লগত পুৰণি হৈ অহা নানান অনুষঙ্গৰ সৈতে সজনীকান্তৰ মনত হ'ল এই জীৱনটো যেন বিশাল এক প্ৰান্তৰ । প্ৰান্তৰৰ শেষ সীমনাত শাৰী শাৰী গছ । নিশা সেই গছত বতাহৰ বিজন আলাপন । সৰি পৰিছে শুকান হালধীয়া পাত । যিবোৰ পাত কোনোদিনেই আকৌ গছলৈ ঘূৰি নাযাব । যিদৰে আজিও সজনীকান্ত‌ই ঘূৰি যাব পৰা নাই অনসূয়াৰ কাষলৈ ।

গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫

অঙ্গন:  পৃষ্ঠাঃ 16
আকস্মিক
  
ছৈয়দা অঞ্জুমা আৰা হুছেইন

: কাৰ ফ'ন ?
: দীপৰ  ,হস্পিটেলৰ পৰা__
: কি ক'লে__
:____
নিৰোত্তৰ  ৰূপমৰ চকুৰ পৰা ধাৰাসাৰে বৈ আহিল অপ্রতিৰূদ্ধ  চকুপানীবোৰ ।
মাথোঁ দুমাহৰ আগতে বিয়া হোৱা নীলাঞ্জনাৰ শীৰত দগমগাই থকা ৰঙা  সেন্দুৰখিনি  ৰূপমৰ  চকুত ভাঁহি উঠিল । উফ ! বাইক এক্সিডেন্ট নোহোৱা হেঁতেন... 

অঙ্গন:  পৃষ্ঠাঃ 17
মৰ্য্যদা

ফিৰোজা বেগম

মানুহবোৰে জোতা পিন্ধা ভৰিবোৰ আগবঢ়াই দিয়ে , দেউতাকে বৰ সযত্নৰে পলিচ কৰি দিয়ে। মানুহবোৰে দূৰৰ পৰাই দলিয়াই দিয়া টকাবোৰ দেউতাকে এটা চালাম জনাই গ্ৰহন কৰে।
কিন্তু আজি সি উচ্চ পদস্থ বিষয়া হলেও জোতাযোৰ খুলি মুচিজনক পলিচ কৰিবলৈ আগবঢ়াই দিলে ।
সি টকা কেইটাও দলিয়াই নিদি হাতত গুজি দিলে ।
সি বহুত ভালকৈ বুজি পায় সৰুৰে পৰা দেখি অহা মানুহজনৰ মৰ্য্যদা ।
 
বৰপেটাৰোড

অঙ্গন:  পৃষ্ঠাঃ 18
অনুবাদ কবিতাঃ

The Spring

BY THOMAS CAREW

Now that the winter's gone, the earth hath lost
Her snow-white robes, and now no more the frost
Candies the grass, or casts an icy cream
Upon the silver lake or crystal stream;
But the warm sun thaws the benumbed earth,
And makes it tender; gives a sacred birth
To the dead swallow; wakes in hollow tree
The drowsy cuckoo, and the humble-bee.
Now do a choir of chirping minstrels bring
In triumph to the world the youthful Spring.
The valleys, hills, and woods in rich array
Welcome the coming of the long'd-for May.
Now all things smile, only my love doth lour;
Nor hath the scalding noonday sun the power
To melt that marble ice, which still doth hold
Her heart congeal'd, and makes her pity cold.
The ox, which lately did for shelter fly
Into the stall, doth now securely lie
In open fields; and love no more is made
By the fireside, but in the cooler shade
Amyntas now doth with his Chloris sleep
Under a sycamore, and all things keep
Time with the season; only she doth carry
June in her eyes, in her heart January.
                              
বসন্ত

(মূল: থমাছ কেৰিউ, ভাৱানুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

এই যে শীতৰ অন্তত, পৃথিৱীৰ পৰা আঁতৰিল 
বৰফৰ শুভ্ৰ আৱৰণ, আৰু শেষ হ’ল ঘাঁহত ওলমা
হিম সনা নিয়ৰৰ চেনী, অথবা ৰূপোৱালী হ্ৰদ 
আৰু স্ফটিকী ঝৰণা ঢকা বৰফৰ ডাঠ আৱৰণ;
এতিয়া সূৰুযৰ তাপে পমাই ঠেৰেঙা লগা পৃথিৱী,
কৰি তোলে কুঁহিপতীয়া কোমল; নতুন জনম লৈ
পানী-পিয়া উৰে; সাৰ পায় গছৰ খোৰোঙত 
কলমটিয়াই থকা কুলি আৰু মৌ-মাখিৰ জাক।
এনে সময়তে চীঁচিয়াই থকা গায়কৰ দলবোৰে 
যৌৱনোন্মাদ বসন্তক পৃথিৱীলৈ সদম্ভে আদৰে।
ৰঙে ৰসে ভৰি উঠি পথাৰ-পাহাৰ-অৰণ্যবোৰে 
বুকুৰ আপোন বহাগীক নিজ নিজ হিয়াত সাবটে।
চৌদিশে ৰঙৰ মেলা, মাথোঁ মোৰ প্ৰেয়সীৰ নাই ৰং;
ভৰ দুপৰীয়া সূৰুযৰ প্ৰখৰ তাপেও নাই পৰা গলাব
তেওঁৰ হিয়াৰ বৰফ, সেয়ে এতিয়া তেওঁৰ হিয়া 
গোট মাৰি, হৈ পৰিছে তেওঁ পুতৌ লগাকৈ শীতল।
কিছুদিনৰ আগলৈকে গোহালিৰ আশ্ৰয়ত উম লোৱা 
ষাঁৰটো এতিয়া অলস ভাবে চৰিছে মুকলি পথাৰত; 
জুহালৰ কাষত এতিয়া কোনেও নকৰে প্ৰেমালাপ, 
তাৰ বাবে আছে সেউজ পৃথিৱীৰ শীতল ছাঁয়া
এতিয়া ভে্ঁৰাৰখীয়া অমন্ত্যই* প্ৰেমিকা ক্লৰিছৰ সতে 
টোপনিয়ায় বৰগছৰ তলত, 
জীৱ আৰু জড় জগতেও সময় আৰু ঋতুৰ 
সম্পৰ্ক মানি চলে, মাথোঁ মোৰ প্ৰেমিকাইহে
দৃষ্টিত বসন্ত আৰু হিয়াত শীতৰ আৱৰণ লৈ ফুৰে।

(*অমন্ত্য গ্ৰীক পৌৰাণিক আখ্যানৰ ভেঁৰা ৰখীয়া আৰু ক্লৰিছ তেওঁৰ প্ৰেমিকা)
[কবি থমাছ কেৰিউ (Thomas Carew) ইংলেণ্ডৰ ৰজা চাৰ্ল্স প্ৰথমৰ ৰাজসভাত কাব্যিক মেলুৱৈ (Poetic Arbiter) আছিল।তেওঁৰ কোনো সঠিক জন্ম তাৰিখ নাই।১৫৯৪ চনৰ জুন আৰু ১৫৯৫ চনৰ জুনৰ ভিতৰৰ কোনো এটা দিনত তেওঁৰ জন্ম হোৱা বুলি ধাৰণা কৰা হয়।তেওঁ পৰম্পৰাগত প্ৰেমৰ কবিতাৰ ধাৰাক কামোদ্দীপক কবিতাৰ বৰণ দি অভিজাত শ্ৰেণীক আকৰ্ষিত কৰিছিল। তেওঁৰ “A Rapture” নামৰ কবিতাটোক সোতৰ শতিকাৰ সবাতোকৈ দুৰ্নামী, কামোদ্দীপক কবিতা আখ্যা দিয়া হৈছিল।১৬৪০ চনৰ মাৰ্চত তেওঁৰ মৃত্যু হয়]

অঙ্গন:  পৃষ্ঠাঃ 19

खिड़की से आकाश

मानव कौल

थोड़े में बहुत कुछ देख लेना
और बहुत कुछ होने पर
हमारा आंखें बंद कर लेना।

मैं कभी-कभी अपना सबसे ख़ूबसूरत सपना याद करता हूं।

मेरा सबसे ख़ूबसूरत सपना भी
कभी बहुत ख़ूबसूरत नहीं था।

मेरे सपने भी थोड़ी-सी ख़ुशी में बहुत सारे सुख चुगने जैसे हैं
जैसे कोई चिड़िया अपना खाना चुगती है
पर जब उसे एक पूरी रोटी मिलती है
तब वह पूरी रोटी नहीं खाती है
तब भी वह उस रोटी में से
रोटी चुग रही होती है।

बहुत बड़े आकाश में हम अपने हिस्से का आकाश चुग लेते हैं।

देखने के लिए हम बहुत ख़ूबसूरत और बड़ा आकाश देख सकते हैं
पर जीने के लिए हम उतना ही आकाश जी पाएंगे
जितने आकाश को हमने 
अपने घर की खिड़की में से जीना सीखा है।


খিৰিকীয়েদি আকাশখন

মূল হিন্দীঃ মানৱ কৌল
অনুবাদঃ অৰুণিমা শৰ্মা মহাপাত্ৰ

অকণমান কিবা হ'লে
বহুত কিবাকিবি দেখা পাওঁ
অথচ বহুত কিবাকিবি হৈ গ'লেও
চকুমুদি থাকি একোৱেই নেদেখোঁ।

মাজে মাজে মই আটাইতকৈ ধুনীয়া সপোনটোক মনত পেলাবলৈ চেষ্টা কৰোঁ।

মোৰ আটাইতকৈ ধুনীয়া সপোনটো যে 
এটা সময়ত মুঠেও ধুনীয়া নাছিল।
মোৰ সপোনে যে এধানিমান আনন্দতেই 
বহুত অকনি অকনি সুখ বুটলি ফুৰিছিল, 
যিদৰে চৰায়ে খুটি খুটি খাদ্য বিচাৰি ফুৰে,
অথচ এখন সম্পূৰ্ণ ৰুটী খাবলৈ পালেও 
তাই সেইখন নাখায়,
ৰুটীখনৰ পৰাই তাই খুটি খুটি নিজৰ আহাৰখিনি বিচাৰি লয়।

আমাৰ বাবে আছে এখন বৰ সুন্দৰ বহল আকাশ  
কেৱলমাত্ৰ চাই থাকিবলৈ,
পিছে জীয়াই থকা দিন কেইটাত 
নিজৰ ঘৰৰ খিৰিকীয়েদি
আকাশখনৰ যিমান খিনি দেখা পাওঁ,
আমাৰ বাবে আকাশখনৰ জোখ সিমানেই ।

অঙ্গন: পৃষ্ঠাঃ20

ঠিক তোমাৰ নিচিনা মানুহ মই ক’ত পাম ?

মূল বাংলাঃ নীৰেন্দ্ৰনাথ চক্রৱর্তী 
অনুবাদঃ বাসুদেব দাস

যদি বিচৰা , তেনেহ'লে
তোমাৰ পৰা আৰু অলপ ভাল 
নাইবা 
আৰু অলপ বেয়া এটা 
মানুহ তোমাক দিব পাৰোঁ।

আমাৰ ইয়াত ফাগুন বৰ সুন্দৰ কাটিছিল,
তোমালোকৰ তাত যেনে কাটে।
চ’ত মাহত ফাটিছিল মাটি,
তোমালোকৰ তাত যেনে ফাটে।
ব'হাগৰ পথাৰত 
পলাশ শিৰিখ আৰু কৃষ্ণচূড়াত 
ঠিক তেনে ধৰণৰ জুই আমি জ্বলা দেখিছোঁ,
তোমালোকে যেনে দেখা।

আমি জানোঁ যে, আমাৰ জেঠও ঠিক তেনে ধৰণৰ হ'ব,
তোমালোকৰ তাত যেনেদৰে হয়।   

আচলতে, তোমালোকৰ আৰু আমাৰ ,
মাটি পানী আৰু বতাহ সাইলাখ
একই ধৰণৰ।
অকলে মানুহবোৰেই বেলেক।

ঠিক তোমাৰ নিচিনা মানুহ মই ক’ত পাম ?

যি বিচৰা,
তাৰ পৰা অলপ আন ধৰণৰ লোৱা। আৰু অলপ
ভাল, নাইবা 
আৰু অলপ বেয়া।
আৰু অলপ স্পষ্ট , নাইবা
আৰু অলপ অস্পষ্ট এটা 
মানুহ তোমাক পঠিয়াই দিব পাৰোঁ।
মই মোকেই  দিব পাৰোঁ। তুমি লবা নে ?

অঙ্গন: পৃষ্ঠাঃ 21
কবিতাঃ

শব্দৰ সেউজীয়া বাট

ৰীতা বৰুৱা

পথাৰৰ বঁকিয়াইদি গৈ তেওঁ 
পৃথিৱীৰ কবি হ'ল

নাঙলৰ সীৰলুত শব্দৰ বীজ সিঁচি
শব্দৰ খেতিয়ক

ৰ'দৰ চাল
বতাহৰ বেৰ
আৰু মাটিৰ ভেটিত
ঘৰ এটা সাজিছিল তেওঁ

সপোনৰ ঘৰ
কবিৰ ঘৰ

য'ৰ পৰা গঢ়োঁ আমি
শব্দৰ সেউজীয়া বাট

মানুহ  মাটি আৰু
হৃদয়লৈ ।

অঙ্গন: পৃষ্ঠাঃ 22

হিয়াই হিয়াই শিয়াই উঠক শব্দ শইচ

ৰাজেন বৰা

শোক সভা নেপাতিবা
নসজাবা স্মৃতি সৌধ সমাধি স্থলীত মোৰ 
পাতবোৰ লুটিয়াই চালেই পাবা মোক
সিঁচি দিছোঁ অকপট অকাতৰে
হিয়াৰ টোমত সঁচা বাখৰুৱা বহুব্ৰীহি শব্দ শইচবোৰ
পলসুৱা বলুকাতে গজক
নতু বকৰাণিতে গজক গহৰা হৈ
মাটি ফূটি গজি উঠক লহপহ লহপহ শব্দ শইচ দলহদপহ
নিজা বুলিবলৈ কিনো আছে এই নিঃকিন কবিৰ
কলডিলীয়া হিয়াৰ খাঁজত ঠাঁকে ঠাঁকে ঠাঁচ খাই আছিল ছবিবোৰ
আঁকি দিছোঁ আঁৰি অহিতে তহিতে
কথা কওক, ৰং সানক উজলাই মনাকাশ
জল্পনা কল্পনা ভাৱনা আল্পনা হৈ
ফুলি উঠক ছবি-ছন্দ সূৰ্যমুখী হৈ
হে মোৰ প্ৰিয়তমা পৃথিৱীৰ প্ৰিয়তম মানুহ বুকুৰ ঊমেৰে জীয়াই ৰাখিবা মোৰ আইৰ কালিকা লগা কথাবোৰ
হিয়াই হিয়াই থাকক শিয়াই
শব্দ শইচে শ্যামলীমা কৰক মাটি আৰু মানুহ
মোৰ মৃত্যুত শোকসভা নেপাতিবা
স্মৃতিসৌধ নসজাবা
হিয়াৰ আমঠু মোৰ শব্দ শইচৰ বীজবোৰ ছটিয়াই দিবা
মাটি আৰু মানুহৰ মন মগজুত...

অঙ্গন: পৃষ্ঠাঃ 23
ব'হাগৰ ডুখৰীয়া ছবি

বিজয়া গগৈ
ৰহা

এক

ম'হৰ পিঠিত উঠি পেঁপুৱা সুৰটিয়ে
বুকুখনিত উমলা শুনি
আইয়ে মাত লগালে, 
ভালকৈ যাবি 
ছাগলী খুঁটিযোৰে বাট ভেটি আছে।

 দুই
অঘয়া সুহুৰিটো পাহাৰ বগাবলৈ যাওঁতে
চুলিত জবাকুসুম সানি
ৰাতিটো কাটিলোঁ,
নুগুচে কপৌফুলৰ ভোক।

তিনি
বাউলী বিৰিণা পাতৰ  
আঙঠিটো দি কিনো 
মন মোহিলা
ৰিহাৰ ভাঁজত  মুকুলিত হয়
যৌৱনৰ কঁপনি ।

  চাৰি
পীৰিতিৰ পকনীয়াত 
পাকঘূৰণি খাই খাই 
বসন্তৰ বানত কোননো পানেই-জঙ্কী
উটি নাযায়?

 পাঁচ
পানী পৰুৱাই 
ন-পানীত ডুব মাৰি
ঘূৰি ঘূৰি মঙলখন চাই
চেনাই -চেনেহীৰ ৰাহি-যোৰা মিলাই।

অঙ্গন:  পৃষ্ঠাঃ 24
ব'হাগ

প্ৰণৱ কুমাৰ গগৈ

দুষ্ট ৰঙা ফাগুন গুচি গ'ল...
চ'তক মাতি
চ'ত ও গুচি গ'ল
ব'হাগক আদৰি-সাদৰি...

ব'হাগ...
ব'হাগ মানেই আমাৰ
জাতীয় জীৱনৰ উশাহ...!

ডেকা- গাভৰুৰ মন
সাতখন-আঠখন কৰা...
এইবাৰ ব'হাগতে হ'ম দেই আমি
তুমি কন্যা- মই দৰা...! 

ভ্ৰাম্য : ৮৬৩৮৭৭৬৮০৯

অঙ্গন:  পৃষ্ঠাঃ 25
বিহু 

কবিতা গগৈ

বিহু আহিছে
ফুল ফুলিছে
কুলি কান্দিছে...

ঐ চেনাই
তোলৈ যে মোৰ
ইমান....
মনত পৰিছে  !! 

আহিবিনে
বিহু বুলি এপাক
সীমান্ত ৰখীয়া তই 
সদায় কুশলে থাক ...!! 

নকছাৰি, যোৰহাট

অঙ্গন: পৃষ্ঠাঃ 26
বসন্তৰ আগমনী

অনিমা বৰা

কুলি কেতেকীৰ মাতত 
ব'হাগ আহিল
প্ৰকৃতি শুৱনী হ'ল
লঠঙা বিৰিখৰ সেউজী পাতত
চৌপাশে ধৰণী ধুনীয়া হ'ল।

কুলিৰ মাতে 
মতলীয়া কৰে 
বিহুৱা ডেকা গাভৰুৰ মন।

ঢোলৰ গুমগুমনি
পেঁপা ৰে লহৰত 
নাচনীৰ উতনুৱা মন ।

খোপাত কপৌফুল
ডিঙিত কেৰুমনি
হাতত গামেখাৰু 
মুগা ৰিহা মেখেলা
বিহুবলীয়া অসমীহঁতৰ
হাতত জেতুকাৰে বোল ।

এনেহেন বিহুকে
এৰিব লাগিলে 
"অসমীৰ নেথাকে মান"।

যোৰহাট -৭

অঙ্গন: পৃষ্ঠাঃ 27
আহিছে বসন্ত 
       
বাবুল ভূঞা 

প্ৰকৃতিৰ জীয়ৰী তাই
বৰদৈচিলা জনী 
বিহুলৈ আহিব হেনো
আহ তই কেতেকী
আহ কুলি জনী
বৰ তলত পাতি যাওঁ 
আমি যে বিহু
গাঁৱৰ বিহু তলি চোৱা
উদুলি মুদুলি আজি
শুনিছো ঢোল পেঁপাৰ মাত
আমাৰ শিপিনি সবে
গামোছা লগাইছে তাঁত
ত'ত নাইকিয়া হেনো গাত
বিহুৰ চিৰা পিঠাবোৰ
আইতাই মোৰ ভাজিছে
কলহত থৈছে 
মহৰ মিঠা দৈ
মনৰ দুলনিত সবাৰ
ৰঙীন সপোন ভাহিছে আজি
বৈছে আবেগৰ নৈ
ব'লা যাওঁ তালৈকে
আমি সকলোৱে
প্ৰীতিৰ এনাজৰী
দুহাতত লৈ
সম্প্ৰীতিৰ দোলেৰে আহাঁ
বান্ধো আমি সকলোকে
ৰঙালী বিহু বুলি কৈ...।

অঙ্গন: পৃষ্ঠাঃ 28
বৰদৈচিলা

ৰুমী কলিতা দত্ত

চ'তৰ বতাহজাক চুই চাবলৈ লওঁতেই 
ধুমুহা হৈ পৰিল
শুকান সৰাপাতবোৰ বুটলিব খুজোতেই
উৰুৱাই লৈ গ'ল বহুদূৰলৈ
এয়েনেকি বৰদৈচিলা ?

কোনে কয় বতাহৰ জোৰ নাই
কোনে কয় সূৰুযৰ শক্তি নাই
হাবিৰ মাজতহে কপৌ ফুলে
বোকাৰ মাজতহে পদুম ফুলে
বৰদৈচিলাই চুই যায় সকলোকে ।

গছ-গছনি লুটিয়াই
পক্ষীজাকক খেদি যায়
বিৰিখৰ তলত পক্ষীৰ নিথৰ দেহ,
বৰষুণে উটুৱাই
প্ৰকৃতিয়ে ৰূপ সলাই
কুলি-কেতেকীৰ মাতত
সপোন জাগেনে অলেখ ?

বা-মাৰলীৰ কোব দেখি 
আউলী-বাউলী হয় প্ৰকৃতি
বৰপীৰা পাৰিবলৈ সময় বা ক'ত ?

ৰুদ্ৰৰূপেৰে, কোবালগতিৰে
গুচি যায় বৰদৈচিলা
অহাবছৰৰ প্ৰতিশ্ৰুতিৰে
কঁপাই যায় সকলোৰে হিয়া ।

(৯৩৬৫৩৭৫৩০৩)

অঙ্গন: পৃষ্ঠাঃ 29
মৰমৰ বসন্ত

নিকি মেধি

মৰমৰ বসন্ত অ' তই  আহিলি 
মোলৈ তই কিনো নতুন  
আশাৰ বতৰা আনিলি ? 
যোৱাটি বছৰত উভতিবৰ বেলিকা
তই কৈ যোৱা কথাষাৰ 
মোৰ যে আজিও মনত আছে
তই যে মোক কৈ গৈছিলি-  
মই আহিলেই কপৌ ফুলিব 
তোৰ প্ৰিয়তমাই তোক মাতিব  
প্ৰাণৰে চেনাই ঐ- 
তই মোৰ বুকুৰ উন্মনা উশাহ 

আজি তই ক'লৈ গ'লি'গৈ
তোলৈ ভাল দিনেও অপেক্ষা  
কৰিব নিশ্চয় ! 
মাথোঁ সেই আশাতেই
আজিও উৎজ্জীৱিত মই ,
কিন্তু নাই যোৱা নিশা 
বিৰহী কেতেকীজনীৰ মাতষাৰ 
শুনাৰ পৰাই মোৰ বুকুত এটি অচিনাক্ত বিষ 
কেতিয়াও নজহা- নপমা 
মই যাওঁগৈ দে ,অ' মোৰ
মৰমৰ বসন্ত , অসমী আইৰ 
আত্মস্বভিমানৰ সৈতে তই
মাথোঁ কুশলেই থাকিবি সদায়।

পূৱ ডুমডুমীয়া

অঙ্গন: পৃষ্ঠাঃ 30
বিহু মানে হিয়াফুলত ৰ'দৰ উন্মনা

বাণীকান্ত লহকৰ

বিহু মানে হিয়াফুলত ৰ'দৰ উন্মনা
সেউজীয়াৰে ঢাকি ৰখা আশা
বেলিফুলে পোহৰাই তোলা
বুকুৰ বাগানৰ প্ৰতি জোপা গোলাপ

বিহু মানে অহা ভাল দিন
সংকল্পই চহী কৰা দলিল
দেশ আৰু বিদেশক দেখুৱা
এক চিৰ শাশ্বত জন মিছিল

বিহু মানে তাগিদাৰ শালত
বাতি কাৰি বুই ফুল তোলা
ভমকা ফুলীয়া জাতিৰ ঐশ্বৰ্য্য
মৰিও নমৰা অমৃত কুঞ্জ

বিহু মানে কৃষ্টিৰ ঢোল
বতৰত চপাই লোৱা ৰয়নাৰে
 জীৱন আৰু যৌৱনৰ মোল
নগদ নাৰায়ণৰ সংস্কৃতি।

অঙ্গন: পৃষ্ঠাঃ 31
ব'হাগ

ৰেখা বৰকটকী

আজিৰ ব'হাগ , কালিৰ ব'হাগ

আহিব লগা ব'হাগ যেন আচহুৱা ভাৱ !

কিংবদন্তীৰ কোলাত লুটি বাগৰ সলোৱা ব'হাগ

পাহৰণিৰ গৰ্ভত সৰ্বস্ব  হেৰুওৱা ব'হাগ 
আধুনিকতাৰ গৰাহত হাবু-ডুবু খোৱা ব'হাগ

বিশ্বায়নে ধুই পেলোৱা মনবোৰত 
পাশ্চাত্যৰ বতাহৰ ধামখুমীয়া .. 

আইতা- ককাহঁতৰ স্মৃতিত ব'হাগে উচুপে .....
                             
কুলিজনীয়ে জানো পাহৰে বিনাবৰ উচিত সময় ?

কপৌ , ভাটৌ ফুলবোৰো  একে সময়তে ফুলে..

সেউজৰঙী জেতুকাপাত যন্ত্ৰনাৰে দগ্ধ কাৰ বাবে সাচিব ৰং ?

দোকানে দোকানে তেজৰঙী টিউৱ যে উপলব্ধ !

আজিৰ প্ৰজন্মই "মাখিয়তী"ক নাজানে

জানে জানো বৰহমথুৰিৰ মহত্ব ?

দেউতাৰ পদূলিত গোন্ধাবনে মাধুৰী 

কেতেকী মলমলাবনে ?
 
(যোৰহাট)

অঙ্গন: পৃষ্ঠা 32
বিহু এতিয়া বিহু হৈ থকা নাই অ' ককাইদেউ 

দেৱজিৎ ভূঞা

অ' ককাইদেউ
তাহানিৰ বিহু চোন এতিয়া সমাজৰ পৰা বিলুপ্তই হ'ল
পুৰণি বিহু নামবোৰো এতিয়া নাইকিয়া হৈ গ'ল।
বিহু নামবোৰত আধুনিকতাই চানি ধৰিলে। 
গাঁওখনৰ লগতে 
সমাজখনো কিবা সলনি হৈ গ'ল অ' ককাই 

গছৰ তলৰ বিহু গৈ মঞ্চত উঠিলে 
অসমীয়া মূগাৰ সাঁজ যোৰৰ ঠাইত 
ছোৱালী বোৱাৰী সকলে অ, মাৰ্জিত পোছাক পিন্ধি 
বিহু নাচটো তেনেই বিকৃত কৰি পেলালে অ' ককাই। 

তাহানিৰ সেই গামখাৰু, থুৰীয়া, 
নল, বিৰিণা, খাগৰিও নাইকিয়া হৈ গ'ল। 
আনকি ভাটৌ ফুল, কপৌ ফুলৰ ঠাইত বজাৰৰ সেই নকল ফুলৰহে দৰ বাঢ়িল।  
জেতুকা, বৰ্হমথুৰিৰ সুবাস বোৰ নাইকিয়া হৈ কৃত্ৰিম মেহেন্দিয়ে ঠাই পালে

ম'হৰ গাখীৰ এঠা দৈৰ সৈতে জুটি লগা জলপানৰ বাতিটোও হেৰাই গ'ল অ' ককাই 
অসমীয়া সেই আবেগৰ ঢেঁকীটোও নাইকিয়া হ'ল.. 

পিঠাবোৰে গৈ বজাৰ দখল কৰিলে ।
সেই জুহাল খনত বনোৱা পিঠা বোৰ কমি গ'ল।
লাড়ু পিঠা সান্দহ চিৰা সেই দিনবোৰ সমাজৰ পৰা বিলুপ্ত হল।

ক' চোন অ' ককাইদেউ।
ক'ত সেই তাহানিৰ বিহুৰ অস্তিত্ব থাকিল 
কালৰ কুতিলতাত যেন তাহানিৰ বিহুটিৰ মাদকতাই ম্লান পৰি গ'ল অ' ককাই 
ম্লান পৰি গ'ল

ঠিকনাঃ
গহপুৰ

অঙ্গন:  পৃষ্ঠাঃ 33
চিকুনপুৱাৰ প্ৰহেলিকাময়ী বৈচিত্ৰ

এঞ্জেলা

সুশোভিত পোহৰৰ অনুস্বৰ বিসৰ্গ
যৌৱনৰ সীৰলু
সভ্যতাৰ অহমিকা

যৌৱনৰ নিজস্ব শৰীৰ নাই
চিকুন পুৱাৰ প্ৰহেলিকাময়ী বৈচিত্ৰ

শেলাইবোৰ সেউজীয়া হোৱাৰ পৰত
ৰান্ধনী বেলি মাৰ যোৱাৰ পৰত
তুমিয়ে খামুচি নমাই আনিছিলা
কুসুম কোমল একাঁজলি ভালপোৱা

জাঁজী নৈ ঘাটত 
সৰাপাতৰ ক্ষোভ

ধৰিত্ৰী জৰায়ু অন্ধসুৰঙ্গত
শুভপুৱাৰ ভণিতা
যৌৱনৰ সমাধিত সুহৃদসূতা

সেউজ এষণাৰে নামি আহে 
বসন্তসখা

পচোৱাই কোবাই থৈ যোৱা বিদীৰ্ণ ডালত 
থুপি থুপি ওলোমা কপৌজুপি 
হালি-জালি উতনুৱা

মোৰ পদূলিত নাহৰ তগৰ জোপাও
জকমকাই উঠিছে
হিয়া উতলোৱাকৈ
টঙিঘৰত সৌৱা চৰাইৰ খদমদম
কুলি-কেতেকীৰ কলৰৱ্ ধ্বনি

হাচটি আৰু বৰৈ দিয়া ফুলাম গামোচা 
শিপিনীৰ তৎ নাইকীয়া গাত
তাঁতশালত মহুৰাৰ পাক

ঢোল পেঁপা গগনাও সুৰত মগন

কুঁহিপাতৰ কি-যে সুশোভন মেলা
ঢুলীয়া নাচনীৰ যোজনাৰ আখৰা
শব্দ শইচ মমতাৰ টানেৰে
গাব বসন্তৰ দুপৰীয়া

বিহুৱতী নাচনীৰ বুকুত লাজুকী ৰিহা

উত্তৰৰ পৰা দক্ষিণলৈ বলা ফাল্গূনী বতাহ
হুৰ্ হুৰকৈ নামি আহে বৰদৈচিলা
এই যেন নামিব বৰষা
নিৰাভিমানী প্ৰণয়নী হৈ

আহক বাৰিষা নিৰাভিমানী প্ৰণয়িনী হৈ
কপৌ তগৰৰ আকুল অপেক্ষা !
বৰ্হমথুৰি বখৰুৱা ৰঙেৰে
আঁকি দিব বসন্তৰ দুপৰীয়া

কেতিয়া আহিব ঋতুৰাজ বসন্ত
ঢোল পেঁপাৰ শৱদে ধৰণী কঁপাব !

আকৌ আহক বসন্ত
প্ৰেমৰ ৰঙেৰে বৰ্ণিল কৰক
হৃদয়ৰ বাকৰি
বুকুৰ ঐক্যতান উঠক বাজি!
এয়াযে
গঞাৰ নিভাজ সংস্কৃতি..।।

অঙ্গন: পৃষ্ঠা 34
বন্দীত্বৰ পোছাকত মগজু  
  
ড০আৰমেদা আহমেদ

অইনৰ পোছাক পিন্ধি
শুৱনি নকৰোঁ মঞ্চ,
নিজৰ পোছাক আছে 
হওক না সস্তীয়া,
স্বাভিমান থকা।
অসাধাৰণ হ'ব নিবিচাৰোঁ
অইনৰ পোছাক দেহাত ওলোমাই 
সাধাৰণ পোছাকেৰে অনন্যা
মন্ত্ৰ মুগ্ধ সকলো !
অজানিতেই অসাধাৰণ হ'ব বিচৰা
মানুহচামৰ মুখা খোল খায়।
সাধাৰণত কৈ সাধাৰণ
সিহঁতৰ আচল পোছাক,
ওলমা বেগত অচল টকাৰ বাহাৰ
দিব নোৱাৰে বিবেকৰ
সঠিক পৰিচয়,
খোজে পতি জনপ্ৰিয়তাৰ উন্মাদনা।
ইতিহাস পাহৰি
বসন্তৰ ৰং সানে আপোনমনে
অঞ্জন বোলোৱা দুচকুৰ শেঁতা চাৱনি।
পলাশ বৰণীয়া কৰি লোৱা অধৰত
নুফুটা হ'ল জ্ঞানৰ পৰিভাষা।
পোছাকেৰে অৰ্হতা জিলিকাই
কৰ্ফাল খাই পৰে চিনাকী পদূলিত,
জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি
পৰিলেই জানোঁ
জনপ্ৰিয়তাৰ শিখৰত যাব পাৰে কোনোবাই !
হাতৰ মুঠিৰ সমান মগজু নিষ্ক্ৰিয় কৰি।

অঙ্গন: পৃষ্ঠাঃ 35
জীৱনৰ চাকনৈয়া

ৰীপা দোলাকাষৰীয়া

(১)

     হতাশাৰ ডাৱৰে  আহি ঢাকি দিলে মহাকাশ
     লুকাই  গ'ল শৰতৰ জোন;
     লুপ্তপ্ৰায় যৌৱনৰ প্ৰেমৰ জোনাক---
     এন্ধাৰত  হেৰালে সপোন।

(২)

     বুকুজুৰি ফুলে আজি বিষাদৰ ফুল
     কাঁ‌ইটে আচোৰৰ হিয়াত;
     নিগৰি নিগৰি বয় ব্যৰ্থতাৰ অশ্ৰু নৈ
     হেমন্তৰ এইয়া যেন লঠঙা আঘাত।

(৩)
    
     ফাগুনৰ পছোৱাই যেন বুকুৰ মাজত 
     সঘনে তুলিলে হেন্দোলনি;
     ভাঙি গ'ল সাজি ৰখা  বাসনাৰ পঁ‌জা
     চিন্তাৰ নৰ'লে  সমূলি।
  
(৪)

       ব'হাগতে জ্বলি উঠা প্ৰেমৰ দীপ্তশিখা
       ৰূপ ল'লে  যেন আজি অগ্নি কুণ্ডলৈ
       দহিলে  হৃদয় মোৰ, দহিলে সপোন
      কল্পনাও উৰি গ'ল  মাথোঁ‌  ছাই হৈ।

(৫)

     বৰ্ষাৰ প্লাৱনে আহি ধুৱাই নিলেহি  স্মৃতি
     কালিলৈকে আছিলে  যি মোৰ লগৰীয়া;
     নাজনিলো,  নুবুজিলো কিয় বা এনে হ'ল?
     আজি মই হৈ ৰ'লো অকলশৰীয়া----
     চিৰসেউজ বসন্তৰ এই ভৰ দুপৰীয়া।

মাজুলী
দুৰভাষ- ৬৯০০২৮৮১৩২

অঙ্গন: পৃষ্ঠাঃ 36
ৰেচিপিঃ
চুজিৰ_মিঠাই


প্ৰণীতা দাস, বৰপেটা ৰোড

উপকৰন----

চুজি ১ কাপ
গাখীৰ ২৫০ ml.
নাৰিকল এফাল
চেনী আধা কাপ
পাউডাৰ গাখীৰ ২ চামুচ
পাউডাৰ চেনী ৪ চামুচ
ইলাচী ২ টা
ঘীউ ৪ চামুচ
পানী একাপ

প্ৰনালী-----

প্ৰথমে কেৰাহীত ঘীউ দুচামুচ দি চুজি খিনি অলপ ভাজি লব , নাৰিকল খিনি ৰুকি ভাজি লব । গাখীৰ উতলাই তাত ভজা চুজি ওলপ ওলপ কৈ দি ভালদৰে লৰাই ডৰ দৰে বনাই ঠাণ্ডা কৰি লব , তাৰ পিছত পাউডাৰ গাখীৰ, পাউডাৰ চেনী দুচামুচ , নাৰিকল চুজিৰ ডৰ টো লগতে ভালদৰে মিহলাই লৈ হাতত ঘীউ লগাই নিজৰ ইচ্ছা অনুযায়ী আকাৰ দি লব । আৰু এটা পাত্ৰত চেনী , ইলাচি আৰু পানী চিৰাপ বনাই লৈ তাত মিঠাই কেইটা দি পাচ মিনিটমান গেছেত ৰাখি নমাই থব । ঠাণ্ডা হোৱাত চেনিৰ গুৰি লগাই পৰিবেশন কৰিব ।

অঙ্গন:  পৃষ্ঠাঃ 37
গল্পঃ

অদেখা ত্যাগবোৰৰ শেষত...

নিৰুপমা ডেকা

“শূন্য বুকুখনৰ শূন্যতাত যদি প্ৰেমহীনতাৰ অসুখে বাহ লয়, তেতিয়াই হয়তো প্ৰেমে মেলানি মাগি বিশেষজনৰ বুকুত সমাধি সাজে ৷”

         গল্প এটাৰ আৰম্ভণি কৰিবলৈ চেষ্টা কৰি বৃষ্টিয়ে লিখি আছিল নিজৰ কোঠাৰ নিৰ্দিষ্ট টেবুলখনত ৷ এইখিনি লিখি প্ৰায় আধাঘণ্টামান ভাবি ভাবি পুনৰ তাই কেইটামান শাৰী মনলৈ আনিলে ৷ এই শাৰীবোৰৰ সংগতি আৰম্ভণিৰ লগত নাই যদিও তেওঁ কাহিনীটোৰ কোনোবাখিনিত খাপ খাব এইটো ঠিক বুলি মনতে ভাবি শাৰী কেইটা লিখি থ’লে ৷

“চকুপানীয়ে উখহাই দিয়া চকু পতা দেখিও যেতিয়া হৃদয়ত প্ৰেমৰ আলোড়ন নহয় তেতিয়া সেই প্ৰেমৰ মৃত্যু হোৱা বুলি বুজা উচিত ৷”

         হাতৰ ঘড়ীটোলৈ চাই তাই অনুমান কৰিলে ৰণদ্বীপ অৰ্থাৎ তেওঁৰ স্বামী টেনিছ খেলি আহি পাবলৈ হৈছে ৷ আহিয়েই একাপ কফি খোৱাতো ৰণদ্বীপৰ পুৰণি নিচা ৷ ৰণদ্বীপৰ কথা ভাবিয়েই তেওঁ বহাৰ পৰা উঠি চকীখন পিছফালে ঠেলিব লওঁতেই ৰণদ্বীপে আহি গৰজি উঠিল—

: বৃষ্টি ঘৰখনত তুমি থাকা, তুমি জানিব লাগে ল’ৰা-ছোৱালীয়ে কি কৰি আছে ৷ কেৱল নিজৰ দুনীয়াত মত্ত হৈ থাকা, বাকী ঘৰ গৃহস্থী কিদৰে চলিছে তোমাৰ হিচাপ আছে ?
: তুমি মোক হিচাপ ধৰিব আহিছা ৰণদ্বীপ ! মই কি কৰি থাকো ঘৰখনত তাৰ হিচাপ লৈছা ! আচৰিত ! আজি বিয়াৰ ত্ৰিছ বছৰ পিছত মই তোমাক হিচাপ দিব লাগিব মই কি কৰি আছিলোঁ এই ত্ৰিছ বছৰে ঘৰখনত ৷ 
: অ' লাগিব, এশবাৰ লাগিব ৷ আজিৰ এই পৰিণতিৰ বাবে একমাত্ৰ তুমি জগৰীয়া ৷ তোমাৰ সেই কামত নাইকিয়া নিচাবোৰৰ বাবে সিওঁ সেইবোৰতে সোমাই পৰিল ৷ ৰাতি ৰাতি সংগীতৰ ৰাগীত মঞ্চই মঞ্চই যায় দুপইচা কমাব আৰু সেই পইচাৰে সি ভৱিষ্যত গঢ়িব ! এয়া তুমি জাপি দিয়া সপোনত নিজক হেৰুৱাই সি আজি জীৱনত একো নহ’ল ৷ মই কৰি থৈ যোৱা বিশাল সম্পত্তি ভোগ কৰাত বাদে সি নিজাকৈ কিবা কৰিব পাৰিব নে ? আজি এ পি এচ চিৰ ফলাফল দিলে আৰু তোমাৰ ল’ৰাই পৰীক্ষাতে নবহিল চৰকাৰী বিষয়া হোৱাৰ ইচ্ছা নাই বাবে।
: এৰা তোমাৰ পুত্ৰই তুমি বিচৰা ধৰণে প্ৰতিষ্ঠিত নহ’ল ৷ সৰ্বভাৰতীয় স্তৰৰ অফিচাৰ নহৈ সি হ’ল মিউজিক বেণ্ডৰ তোমাৰ দৃষ্টিত সাধাৰণ গীতাৰ বাদক ৷ এজন জিলা উপায়ুক্তৰ সি অযোগ্য পুত্ৰ ৷ এই উপলব্ধি তেতিয়া কিয় নকৰিলা ৰণদ্বীপ যেতিয়া মোৰ দৰে সংস্কৃতি প্ৰেমী ছোৱালীজনীৰ পিছে পিছে প্ৰেমৰ প্ৰস্তাৱ লৈ বছৰ বছৰ ঘূৰি ফুৰিছিলা ৷ যেতিয়া তোমাৰ নামৰ আগত একো নাছিল তেতিয়াই মই তোমাক সন্মতি দিছিলোঁ তোমাৰ লগত জীৱন কটাম বুলি আৰু হাজাৰ মনৰ অসন্তুষ্টিৰ পিছতো মই মোৰ কথা আজিলৈকে ৰাখি আছোঁ ৷ তোমাৰ সময় নোহোৱা জীৱনটোকে মোৰ প্ৰেমৰ প্ৰাপ্তি বুলি মানি লৈ সকলো কৰি গৈছোঁ ৷ কিন্তু তুমি যিদৰে কথাই কথাই মোক অপদস্থ কৰা তাৰ প্ৰতোত্তৰত মই আজিলৈকে একোৱেই কোৱা নাই তোমাক ৷ কাৰণ হৃদয়ৰ কোনোবাখিনিত আজিও মোৰ তোমাৰ প্ৰতি ভালপোৱাৰ কিয়দাংশ হয়তো কৰবাত সোমাই আছে ৷ বহু দিন বহু ৰাতি তোমাক এৰাৰ পৰিকল্পনা লৈছিলোঁ, কিন্তু তোমাক এৰিব লাগিলে যে মই মোৰ সন্তান দুটা আৰু মোৰ পিতৃ-মাতৃ সদৃশ তোমাৰ মা-দেউতাকো এৰি যাব লাগিব সেয়ে নোৱাৰিলোঁ যাব ৷ কাৰণ মই নাথাকিলে সেই চাৰিটা জীৱনৰ গতি নাইকিয়া হ’ব ৷ তোমাৰ টকাৰেও মা-দেউতাৰাক শান্তিৰ মৃত্যু দিব নোৱাৰিলা হৈ আৰু ল’ৰা-ছোৱালী দুটাক আজিৰ স্থিতিত সুস্থ মানসিকতা দিব নোৱাৰিলা হৈ ৷ তুমি স্বীকাৰ নকৰিলেও মই নিজকে স্বীকৃতি দিওঁ যে মই এগৰাকী ভাল পত্নী, ভাল মাতৃ আৰু ভাল বোৱাৰী ৷ কাৰণ মোৰ ত্যাগৰ বাবেই তোমাৰ দৰে এজন মানুহৰ এখন সংসাৰ লোকচক্ষুত টিকি আছে ৷ মোৰ ত্যাগ নহ’লে কেতিয়াবাই তোমাৰ এই নামমাত্ৰ সংসাৰখন থানবান হৈ গ’লহেঁতেন ৷ আজি ৰিটায়াৰমেণ্টৰ পিছত তুমি আহিছা সংসাৰ কোন দিশে গৈছে তাৰ খবৰ ল’বলৈ, ল’ৰাৰ ভৱিষ্যত বেয়া হ’ল তাৰ হিচাপ ল’বলৈ ৷ 
           বহু বছৰীয়া খং আৰু ক্ষোভৰ বিস্ফোৰণ হৈছিল সিদিনা বৃষ্টিৰ কণ্ঠত ৷ তাই খঙত কঁপি উঠিছিল ৷ দুচকুৱে যেন জুই হে বৰষিছিল ৷ পেটত আঠমহীয়া সন্তান লৈ থকা তেওঁৰ কন্যা স্নিগ্ধাৰ কথাও সেই সময়ত যেন বৃষ্টিয়ে পাহৰি গৈছিল ৷ যেতিয়া স্নিগ্ধাই আহি মাকৰ কান্ধত হাতখন থৈ শান্ত হ’বলৈ ইংগিত দিছিল তেতিয়াহে তেওঁৰ সম্বিত ঘূৰি আহিছিল ৷ মাকৰ এনে ৰূপ তাই আগতে কেতিয়াও দেখা নাই ৷ সকলো সময়তে এটা গভীৰ বুজাপৰাৰে জীৱনটোক আগুৱাই নিয়া সৰল মাকজনীৰ বুকুৰ ভিতৰত থকা বেজাৰবোৰৰ খবৰ সিদিনাহে প্ৰথম পাইছিল তাই ৷ দেউতাকে স্নিগ্ধাক দেখি কথা আৰু আগবাঢ়িব নিদি কোঠাৰ পৰা ইতিমধ্যে ওলাই গৈছিল ৷ 
          বৃষ্টি...বৃষ্টিৰূপা চৌধুৰী ৷ এটা সময়ৰ গুৱাহাটীৰ বিখ্যাত কটন কলেজৰ এগৰাকী গায়িকা, সু-অভিনেত্ৰী ৷ বৃষ্টি বুলি ক’লে জুনিয়ৰৰ পৰা চিনিয়ৰ সকলোৰে বুকুত আলোড়ন তোলা এটা চিনাকি নাম ৷ ৰণদ্বীপ চহৰীয়া তাইতকৈ দুবছৰ চিনিয়ৰ অত্যন্ত মেধাবী ছাত্ৰ বুলি সৰ্ব পৰিচিত সুন্দৰ সুঠাম ডেকাটো নৱাগত আদৰণি সভাত তাই গোৱা গীত শুনি তাইৰ প্ৰেমত পাগল হৈ পৰিল বুলি ইতিমধ্যে সকলোৱে তাইৰ কাণত পেলাইছে ৷ লুকাইচুৰকৈ তাই সেইটোনো কোন তাকো চাই লৈছিল । মিছা কৈ লাভ নাই তাক দেখি তাইৰো কিবা এটা ভাল লাগি গৈছিল ৷ বুদ্ধিদীপ্ত দুচকুত যেন প্ৰচুৰ সম্ভাৱনা ৷ এনেদৰে লাহে লাহে বন্ধুত্বৰ বাটেৰে সিহঁতে প্ৰেমৰ বাটত খোজ দিছিল প্ৰায় বছৰদিন পিছত ৷ তাইৰ প্ৰতিটো কবিতা, গল্প আৰু সংগীতৰ প্ৰথম পঢ়ুৱৈ আৰু শ্ৰোতা আছিল সি ৷ তাৰ অনুপ্ৰেৰণাতে তেতিয়া সৃষ্টিশীল হৈ পৰিছিল তেওঁৰ কলম ৷ সময় বাগৰাৰ লগতে বাগৰি গৈছিল বহু পুৰণি অভ্যাসৰ সৌধ ৷ প্ৰতিষ্ঠা, নাম আৰু কৰ্তব্যৰ নিচাই মানুহক যেতিয়া আগুৰি ধৰে, মানুহে বহু সময়ত জীৱনৰ বাস্তৱ দিশবোৰ আৰু নাম দি থোৱা সম্পৰ্কবোৰক অৱহেলা কৰিবলৈ আৰম্ভ কৰে ৷ সম্পৰ্কবোৰ বান্ধত চলি থাকে বহু সময়ত মূল্যহীন স্বকীয়তা লৈ ৷
          জিলা উপায়ুক্ত হোৱাৰ বাবে ৰণদ্বীপৰ সঘনাই ঠাই সলনি কৰিব লগাৰ লগতে পৰিয়ালৰ বাবে সময় দিয়াত অসুবিধা হৈছিল ৷ মাক-দেউতাকৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁলোকৰ দায়িত্ব এৰা উচিত নহয় বাবে দৃষ্টিৰ দায়িত্বত তেখেতসকল পৰিল ৷ দুটি সন্তানৰ সকলো দিশ চাবলৈ তেওঁ ঘৰত থকাৰ প্ৰয়োজন বেছি বাবে ঘৰৰ সকলোৰে বিবেচনাৰ ফলস্বৰূপে তেওঁৰ হোৱা চাকৰিটো বাদ দিব হলগীয়া হৈছিল ৷ এই যে চাকৰিটো বাদ দিয়া সিদ্ধান্তটো সেইটো তেওঁত বাদে সকলোৰে সহমতৰ সিদ্ধান্ত আছিল ৷ তেওঁক আনকি সোধাও হোৱা নাছিল চাকৰিটো তুমি চলাব পাৰিবা নে ঘৰখনৰ দায়িত্ব সামৰি ৷ তেওঁতো পাৰিম বুলি ভাবিয়েই ইণ্টাৰভিউ দিছিল আৰু চাকৰিটো লাভ কৰিছিল নিজৰ যোগ্যতাৰ বলত ৷ পিছে তেওঁৰ সিদ্ধান্তক কোনেও গুৰুত্ব বা সন্মান নিদিলে ৷ তেওঁ এৰি দিলে সকলো ৷ হ’ব সংসাৰখনত এজনে অলপ ত্যাগ নকৰিলে সংসাৰ ধৰ্ম পালন কৰা সম্ভৱ নহয় ৷ নিজৰ ঘৰতে মনৰ ভাল লগা কামটোৰেও পাৰিব তেওঁ নিজক ব্যস্ত ৰাখিব ৷ তেনেকৈ আৰম্ভ হৈছিল তেওঁৰ সংগীতৰ বিদ্যালয়খন ৷ সংগীত আৰু বাদ্যযন্ত্ৰৰ বাবেও শিক্ষক নিযুক্তি  দি তেওঁ সংগীত মাধুৰ্য নাম দি সংগীত স্কুলখন আৰম্ভ কৰিলে ৷ যেনেকৈ যিমান সময় ঘৰৰ দায়িত্ব পালনত খৰচ কৰিব লাগে কৰি বাচি থকাখিনি নিজৰ সংগীত স্কুলত দি তেনেকৈয়ে সুখী হ’বলৈ শিকি লৈছিল তেওঁ ৷ ছোৱালী অত্যন্ত মেধাবী, দেউতাকৰ দৰে ৷ ল’ৰাৰ নিচা মাকৰ দৰে বাদ্যযন্ত্ৰ আৰু সংগীত ৷ সৰুতে সি এইবোৰ ভাল পাই বাবে সকলোৰে আগতে গৌৰৱেৰে বজাবলৈ দেউতাকেই কৈছিল ৷ কিন্তু সি ডাঙৰ হোৱাৰ লগে লগে সেই একেজন দেউতাকে তাক নানা কথাৰে অপমান কৰিবলৈ নেৰা হ’ল সকলোৰে আগত ৷ আনৰ আগত ইতিকিং কৰি কয় এইজন সেই মাকৰ নিচিনা হ’ল ৷ কলাৰ সাধক ৷ আৰে হ’লে নাম জ্বলা হওক, এনেদৰে সাধাৰণ গীতাৰ বজাওঁতা হৈ কিনো লাভ হ’ব জীৱনত ৷ বাপেকৰ টকাৰ ওপৰত বাহাদুৰি মাৰি খাব খুজিলে সেই আশা মিছা ৷ যদি ভঁৰালত নতুন সম্পদ সংযোজন নহয় এদিন সেই ভঁৰাল উদং হ’ব ৷
            দেউতাক হিচাপে সেইখিনি ক্ষোভ হ’বই বুলি তেওঁ ল’ৰা প্ৰিতমক বুজাই আৰু নিজেও বুজি লয় সদায় ৷ আগতে লগত নাথাকে বাবে কথাবোৰ সাধাৰণ কৈ পাৰ হৈ গৈছিল ৷ কিন্তু সমস্যাটো বাঢ়িল যেতিয়া তেখেতে অৱসৰ গ্ৰহণ কৰি ঘৰতে থাকিবলৈ ল’লে ৷ ছোৱালী ইতিমধ্যে দেউতাকৰ দৰে পঢ়ি-শুনি উচ্চপদ ল’লে কিন্তু দেউতাকে ল’ৰাৰ তেনে সফলতা বিচাৰিছিল যিটো হৈ নুঠিল ৷ সেই ক্ষোভ আৰম্ভণিতে কিছু কম আছিল যদিও লাহে লাহে বাঢ়ি আহিল। তেতিয়া যেতিয়া সি সেই সংগীত বিদ্যালয় আৰু বাদ্যযন্ত্ৰকাৰী হিচাপেই সকলো সময় অতিবাহিত কৰিবলৈ ল’লে ৷ দেউতাকে ভাবিছিল তাৰ বয়স এতিয়াও বহু আছে নতুনকৈ চিন্তা চৰ্চা আৰু অধ্যয়ন কৰি সুপ্ৰতিষ্ঠিত এজন বিষয়া হোৱাৰ ৷ সেয়ে এই আশাটো লৈ ঘৰলৈ আহি তাক ঠিক কৰাৰ চেষ্টা চলালে ৷ পিছে তাৰ সেইবোৰত মন নাই ৷ সি তাৰ ধৰণেৰে জীৱন আগবঢ়াই নিব বুলি দেউতাকক স্পষ্ট কৰি দিলে ৷ ফলত সকলো দোষ আহি বৃষ্টিৰ গাত লাগিল ৷ কাৰণ ইমান দিনে সিহঁত মাকৰ লগতেই আছে ৷
           বৃষ্টিৰ এই দোষ গাত ল’বলৈ অকনো মন নগ’ল ৷ কাৰণ সি তাৰ ধৰণে আগবঢ়াতো তেৱোঁ কামনা কৰে ৷ তাৰ নিজৰ জীৱনৰ ভাল লগাবোৰ কৰক ৷ টকা লাগিলে কম ঘটক কিন্তু সুখ যাতে পূৰ্ণমাত্ৰাই ঘটে ৷ কাৰণ তেওঁৰ জীৱনত টকাৰ অভাৱ নাই যদিও সুখৰ আনন্দৰ অভাৱ বহুত ৷ ল’ৰা-ছোৱালী দুয়োটাকে তাকেই তেওঁ শিকাইছে ৷ ছোৱালীকো বাৰে বাৰে কৈছে জীৱনত সম্পৰ্কক গুৰুত্ব দিবা ৷ চাকৰিৰ কৰ্তব্য সম্পূৰ্ণ কৰিও ইচ্ছা কৰিলে সম্পৰ্ক সুন্দৰ কৈ ধৰি ৰাখিব পাৰি ৷ মাত্ৰ তোমাৰ লগত থকাজনৰ প্ৰতি তোমাৰ অলপ আত্মীয়তা আৰু মৰমৰ লগতে সামান্য সময় দিবা ৷ সেইখিনি পালে বাকী তোমাৰ আপোনজনে তোমাক বুজি ল’ব ৷ নিজে পোৱা জীৱনৰ অভাৱবোৰ তেওঁৰ সন্তান দুটাই নাপাওক এয়ে তেওঁৰ ইচ্ছা আছিল ৷ সেয়ে তেওঁ সিহঁতৰ মতে সিহঁতক আগবাঢ়িব দিছিল ৷ 
            ৰণদ্বীপৰ ঘৰলৈ অহাৰ পিছতে ঘৰধৰা পাল পৰিছিল বৃষ্টিৰ ৷ মাক-দেউতাকৰ একমাত্ৰ সন্তান ৰণদ্বীপ ৷ সেয়ে বিয়াৰ পিছত দহবছৰমান একেলগে ৰণদ্বীপৰ লগত ঘূৰিফুৰি দুয়োটা সন্তানৰ শিক্ষা আৰু শাহু-শহুৰৰ দায়িত্ব মূৰপাতি লৈ বৃষ্টিয়ে গুৱাহাটীৰ ঘৰখনত থাকি ল’লে পৰিয়ালৰ স্বাৰ্থত ৷ ঘৰ পৰিয়ালৰ বাবে সকলো কৰি নিজৰ বুলি ধৰি ৰাখিলে মাত্ৰ সংগীত স্কুলখন আৰু সংগীত সাধনাখিনি ৷ জীৱনৰ আৰু বহু বাটে হাত মেলি মাতাৰ পিছতো কিন্তু তেওঁ সেই বাটে নগ’ল ৷ স্বাৰ্থ কেৱল পৰিয়াল ৷ সুখে সন্তোষে শহুৰ-শাহুৰীক পৃথিৱীৰ পৰা বিদায় দিলে যত্ন সহ প্ৰতিপাল কৰি ৷ ল’ৰা-ছোৱালী দুয়োটা উচ্চ শিক্ষিত, ভদ্ৰ আৰু মাৰ্জিত বুলি সমাজত পৰিচিত হ’ল ৷ ইমানখিনি হোৱাৰ পিছতো কেৱল মাত্ৰ ল’ৰাটোৱে এটা উচ্চ পদস্থ চৰকাৰী চাকৰি কৰাৰ ইচ্ছা নকৰা বাবে তেওঁৰ সকলো কষ্ট আৰু সাধনা পলকতে মাটিৰ লগত মিহলি হৈ গ’ল ৷ এক বুজাব নোৱাৰা দুখে বৃষ্টিক আগুৰি ধৰিলে ৷ নাই এইদৰে নোৱাৰি জীৱনৰ শেষ দিন কেইটা কটাব ৷ এতিয়া সকলো পৰিয়াল কেন্দ্ৰীক দায়িত্বৰ পৰা তেওঁ প্ৰায় মুক্ত ৷ সেয়ে নিজৰ সপোনৰ বাটত খোজ দিয়াৰ সিদ্ধান্ত এটা লোৱাৰ সময় সমাগত ৷ ৰাতি বিছনাত পৰি জীৱনত প্ৰথমবাৰলৈ এটা নিজৰ বাবে সিদ্ধান্ত ল’লে বৃষ্টিয়ে ৷ পিছদিনা ৰাতিপুৱা ঘৰৰ পৰিচালিকা মণি বাইদেউক সকলো বুজাই দি নিজৰ বস্তুবোৰ বান্ধিবলৈ আৰম্ভ কৰিলে তেওঁ ৷ তেওঁ তেওঁৰ  সংগীত স্কুলৰ অফিচ কোঠাটোৰ লগতে আন এটা জিৰণি কোঠা আছে তাতেই সদ্যহতে থাকি ল’ব বুলি ঠিক কৰি লৈছে মনতে ৷ ৰাতিপুৱা খোৱাৰ টেবুলত তেওঁ সকলোকে কথাটো জনালে ৷ তেওঁ ঘৰৰ পৰা ওচৰতে থাকিব আৰু প্ৰয়োজনত সকলোৱে তেওঁক কাষত পাব বুলিও ক’লে ৷ ঘৰৰ ২৪ ঘণ্টাৰ দায়িত্বৰ পৰা অলপ আঁতৰি নিজৰ কৰ্মৰ সাধনাত ব্ৰতী হ’বলৈহে তেওঁ এই সিদ্ধান্ত লৈছে বুলি সকলোকে বুজালে ৷ কোনেও যাতে তেওঁৰ জীৱনৰ বাবে লোৱা একমাত্ৰ সিদ্ধান্তটোৰ বিৰোধীতা নকৰে সেই কথাটো হাতযোৰ কৰি ক’লে ৷ ৰণদ্বীপ একেবাৰে নিমাতে আছিল, শেষত মাত্ৰ এষাৰ কথা কৈ তেওঁ খোৱা টেবুলৰ পৰা উঠি গৈছিল ৷ 
 : যোৱা এই সিদ্ধান্তৰে কিমান দিন চলিব পাৰা ময়ো চাই ল’ম ।
             বৃষ্টিক কথাষাৰে প্ৰচণ্ড আঘাত দিছিল যদিও তেওঁ হাঁহি মাৰি ৰণদ্বীপলৈ চাই নিজৰ সিদ্ধান্তত তেওঁ অটল বুলি বুজাইছিল ৷ দেউতাকৰ তেনে কথাত ল’ৰা-ছোৱালী দুয়োটাই মনত বেজাৰ পালে সেয়ে মনৰ দুখক মাকৰ স্বাৰ্থত গ্ৰহণ কৰি মাকৰ নতুন জীৱনলৈ শুভকামনাৰে আগবঢ়াই দিলে ৷ বৃষ্টিয়ে মাত্ৰ যোৱাৰ সময়ত কৈ গ’ল—
: ঘৰৰ ঠিকনাহে বেলেগ কৰিছোঁ, মনৰ ঠিকনা মোৰ তোমালকলৈ সদায় একে থাকিব ৷ বাবাটো সদায়েই ক্লাছৰ বাবে যাবই মোৰ ওচৰলৈ ৷ মাতো কিবা অসুবিধা হ’লে বা মোৰ প্ৰয়োজন অনুভৱ কৰিলেই মোৰ ওচৰলৈ গুচি যাবা ৷ এবাৰেই চাব খোজো মোৰ জীৱনকালত আনৰ ওপৰত নিৰ্ভৰ নকৰি জীয়াব ৷ সেই সুবিধাকণ তোমালোকে মোক দিবা বুলি মোৰ বিশ্বাস ৷ 
            মাকৰ কথাত দুয়ো নীৰৱে ৰ’ল কিছুসময় আৰু তাৰ পিছত দুয়ো মাকক সাবটি ধৰি আমি তোমাৰ লগত আছোঁ বুলি কৈ তেওঁক নিজৰ মনে বিচৰা স্থানলৈ থ’বলৈ খোজ আগবঢ়াই দিলে।
            বৃষ্টিয়ে কেতিয়াও ভবা নাছিল সেইদিনা ৰাতিপুৱা লেখা কথাখিনিৰে নিজৰ জীৱনৰে এটা গল্পৰ আৰম্ভণি আৰু সমাপ্তি হ’ব বুলি ৷

অঙ্গন:  পৃষ্ঠাঃ 38
অনুনাদ 

শান্তনা চেলেং

নদীয়ে গঢ়ে সভ্যতা আৰু সভ্যতা গচকি আগবাঢ়ে মানুহ। নদীয়ে কঢ়িয়াই লৈ ফুৰে অনেক জনৰ জীয়া কাহিনী। 
গল্পটো লিখিবলৈ লৈ কিছু সময় থমকি ৰ'ৱ লগা হয় অনুৰাধাই। সাধু যেন লগা জীয়া কাহিনীটো তাইৰ চকুৰ আগত ভাঁহি উঠে।
পিহু ভগীৰথৰ ছোৱালী আছিল। আটোম-টোকাৰিকৈ ভগীৰথে পতা সংসাৰখন তাৰ আহল-বহলকৈ হেঁপাহবোৰে লতা বগাই আহিছিল।
ঘৰৰ চোতালখনত ককায়েকৰ  ল'ৰা ছোৱালী কেইটাৰ সৈতে চুবুৰীৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে আবেলি সময়ত আহি খেলিছিলহি । সিহঁতক জঁপিয়াই-মেলি খেলি ফুৰা দেখি ভগীৰথৰো বাপেকি হোৱাৰ মনেৰে তাৰ গা মন ৰাঁই-জাঁই কৰি উঠিছিল । "পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি ।''
স্বগতোক্তি কৰে সি । কেইবা বছৰো হ'ল সি সংসাৰ পতা ।  ল'ৰা ছোৱালী এটাৰ মুখ নেদেখি ঘৈণীয়েক জেউতিয়ে এবুকু দুখত পৰি তাইৰ চকুৰ পতাত অনবৰতে বাৰিষাৰ দোকোল টঁকা পানীৰে উপচি পৰা দি পৰি থকা হৈছিল ।
এই  কথাত শৰবিদ্ধ হৈছিল সিয়ো। গাঁৱৰে কোনোৱে ভগীৰথক প্ৰায়েই কৈছিল ,
"ভগী , লটকণে মঙল চায় । তয়ো গৈ মঙল এখনকে চাই - চিটি লচোন। কিজানি ফলিয়াই বা । লটকণৰ মঙলত কিন্তু যি পাই তাকেই ফলিয়াই। বুজিছ ?"
         এই বেজ ,কবিৰাজবোৰ  ভগীৰথে কোনো দিনেই 
বিশ্বাস কৰা নাছিল। পুনৰ ভগীৰথে স্বগতোক্তি কৰিলে।
কেনেবাকৈ ফলিয়াই যদি !
এই ভাবি বহি থাকিব পৰা নাছিল সি । এদিন কাউৰীয়ে কা নৌ কওঁতেই ভগীৰথে শেতেলী এৰিছিল । নাদৰ পাৰত গৈ তিয়নি পিন্ধি গা তিয়াইছিল গৈ। তাৰ পিছে পিছে জেউতিয়ে উঠি গৈ বাঢ়নী লৈ বাহী চোতাল সৰাত লাগিছিল। কলপাত এখনৰ আগ এটা কাটি পাণ-তামোল যটাই মাননি লৈ বুলি টকা কেইটা মান ল'বলৈ নেপাহৰিছিল সি। ঘৰৰ গোঁসাই থাপনাত সেৱা এভাগ লৈ ধূতি-কামিজ পিন্ধিছিলেগৈ । জেউতিয়ে বাহী গা ধুই ভিতৰত সোমাইছিল । তেনেতে ক'ৰবালৈ যাবলৈ সাজু হোৱা গিৰিয়েকৰ সৈতে তাই মুখামুখি হোৱাত ভগীক সুধিলে,
" ইমান পুৱাতেনো ক'লৈ যায়  হয় নে ?"
 "এফালৰ পৰা আহোঁ ৰ'।"
 কোবতে গৈ থাকোঁতেই সি ঘৈণীয়েকক কথাষাৰ কৈ গৈছিল । চাইকেলখনত ওলমাই থোৱা কাপোৰৰ মোনাটোত কলপাতখনৰ সৈতে পাণ-তামোল যোৰ  ভৰাই লৈয়েই দীঘল বাটেৰে লটকণৰ ঘৰলৈ বুলি সি পেডেল মাৰি ওলাই যায় গৈছিল। ইতিমধ্যে লটকণৰ ঘৰৰ বাৰাণ্ডাত তাৰ দৰে আৰু দুজন মানেও আহি মুঢ়া লৈ বহিছিলহি। সিয়ো গৈ মুঢ়া  এটা লৈ বহিছিল গৈ।
আগৰ দুজনক দিহা দি লটকণে পঠিয়াইলে। তাৰ পিছত ভগীৰথৰ পাল পৰিছিল। লটকণে চাউলত মঙল চাই লৈ ভগীৰথক কৈছিল,
" তাইক কোনোবাই বান্ধি থৈছে বুজিছ। পানী কাটি গা ধুৱাই মুকলি কৰাব লাগিব । তাৰ পিছত দেৱাই খোৱালে তাই গৰ্ভৱতী হ'ব।"
'বিশ্বাসে মিলয় হৰি ,তৰ্কে বহুদূৰ '। বুলি ভবা ভগীৰথে এইবাৰ যেন আকাশখনকে ঢুকি পালে সি।
" এতিয়া যা । অহা শনিবাৰে আহিবি ।"
মনৰ উচাহতে সি নৈ কানৰ ডেমেহীয়া শিমলুৰ কমোৱা তুলা হৈ উৰি ঘৈণীয়েকক ক'বলৈ ঘৰ পালেগৈ । পিছে ঘৈণীয়েক জেউতিক ঘৰত লগ নোপোৱাত তাৰ মন মৰি আহে। তাই পুৱাই নীলিমাৰ সৈতে চহৰলৈ যোৱাৰ বাছত উঠিছিল। এই কথা সি উমান নাপালে। সি অপেক্ষা কৰিল শনিবাৰটো লৈ। কিন্তু এই কথা সি ঘৈণীয়েকক নক'লে। ঘৈণীয়েকেও কোৱা নাছিল তাই ক'লৈ গৈছিল ? কিয় গৈছিল ? দুয়োটাই কথাবোৰ গোপন কৰি থ'লে। দিনবোৰ সুকলমে পাৰ হয়। শনিবাৰটো আহিল। ভগীৰথে গৈ লটকণ বেজৰ ঘৰ ওলাল গৈ। খৰিকাৰে জাৰি দিয়া পানী  আনি ঘৈণীয়েকক গা ধুবলৈ দিলে। তাই ধুইছিল। দেৱাইও দিলে। তায়ো প্ৰতিবাদ নকৰি খাবলৈ গৈ ৰ' লাগি ৰয়।
" খা দে । একো চিন্তা কৰিব নালাগে। একেবাৰে ঈশ্বৰৰ নাম লৈ খাই দে ।" তাই ইতিবাচক সঁহাৰি জনাই মূৰটো সামান্য জোকাৰি ঔষধ খাইছিল। সময়ে বৰণ সলাইছিল । এদিন পুৱাতে জেউতিয়ে নাদৰ পাৰত কাঁহি-বাটি ঘঁহি থাকোঁতে ওকালটি অহা যেন হৈছিল। জা এগৰাকীয়ে কথাটো মন কৰিছিল। খবৰটো বতাহৰ দৰে বাগৰি পৰিছিল। 
" দে মানুহ জনীয়ে এইবাৰ ল'ৰা-ছোৱালীৰ মুখ দেখিব।"
চুবুৰীয়ে চুবুৰীয়ে তাৰেই আলোচনা।
নীলিমাই কৈছিল,
"সিদিনা ডাক্তৰে পৰীক্ষা কৰি তাইক সকলো ঠিকেই আছে বুলি কৈছিল । ঔষধ লিখি দিছিল। সময় মতে তাইক খাই থাকিবলৈ কৈছিল।"
ডাক্তৰৰ ঔষধত নে লটকণৰ বেজালিত ভগীৰথৰ হিয়াৰ আমঠু  হৈ ছোৱালী এজনীৰ জন্ম হৈছিল। নাম থৈছিল তাইৰ পিহু। সময়ৰ হাতত ধৰি তাই দিন মাহ গচকি  গৈ দুবছৰত ভৰি থৈছিল।
 পিছ ফালৰ চোতালখনৰ মূৰত ইটা কেই চপৰা মান দি    ধান আৰু কেতিয়াবা কাপোৰ সিজাবলৈ উধান এটা পাতি লৈছিল। জেউতিয়ে সিজাই লোৱা কাপোৰ কেইটা কামৰ মাজতে ছেগ উলিয়াই বাল্টি এটাত ভৰাই লৈ ধুবলৈ বুলি নৈ ঘাট পালেগৈ। পিছে পিছে গৈছিল পিহু। তাইক পাৰতে বহুৱাই থৈ জেউতিয়ে গৰাৰ পৰা নামি গৈ কাঠৰ চটাখনত কাপোৰ কোবাই কোবাই ধুই লৈ নৈৰ পানীত আওখালি আছিল। হঠাতে তাই ভৰি পিছলি গৈ নৈৰ দ পানীত পৰিল গৈ । বহাগৰ ন-পানীৰ সোঁতে পাই তাইক উটুৱাই নিলে । দূৰৰ পৰা মাকক পানীত উটি যোৱা দেখি দুবছৰীয়া পিহু কান্দি কান্দি চাই থাকিল। এটা সময়ত তাইৰ কান্দোনটো নোহোৱা হ'ল। বৈ থকা নৈৰ সোঁতলৈ চাই তাই মাথোঁ বহি থাকিলে ।
মাক আহিব। তাইক লৈ ঘৰলৈ যাব । বেলি মূৰৰ ওপৰত উঠিছিল। মুকলি আকাশৰ তলত দুপৰৰ বেলি লৈ তাই বহি থাকিল। হলধৰে পুৱা নৈ পাৰত নতুনকৈ গজা ঘাঁহনিত তাৰ হালৰ গৰু দুটাৰ সৈতে  খীৰঁতী গাই জনীক এৰাল দি থৈ গৈছিল। দুপৰীয়া গৰুক পানী খোৱাবলৈ আহি নৈ পাৰত অকলশৰীয়া কৈ সৰু ছোৱালী এজনীক বহি থকা দেখি ওচৰ চাপি গৈ দেখিলে । 
অ' এই জনী পিহু দেখোন !
আচৰিত হয় সি ।
আৰু সুধিলে,
"আই , তই ইয়াত এনেকৈ বহি আছ যে কাৰ সৈতে আহিছ ?"
বৈ থকা নৈ বুকুলৈ তাই আঙুলিয়াই দেখুৱাই ফেঁকুৰি উঠিল । ক্ৰিংকৰ্তব্য বিমুঢ় হৈ হলধৰে গৰাৰ পৰা তললৈ নামিল । পাৰত পৰি থকা কাপোৰৰ দ'মটো দেখি তাৰ বুজিবলৈ বাকী নেথাকিল ।
পাৰলৈ উঠি আহি পিহুক কোলাত লৈ গাঁৱলৈ দৌৰি গৈ
ভগীৰথৰ ঘৰ ওলাইছিল গৈ । ইকাণ-সিকাণ কৈ কথাবোৰ 
শুনা মাত্ৰকে গোটেই গাঁও উবুৰি খাই আহি নৈ পাৰ পালেগৈ। পিছে জেউতিক কোনেও জীৱন্তে উদ্ধাৰ কৰিবলৈ নোৱাৰিলে।
দুদিনৰ পাছত খবৰ আহিছিল 'গৰৈমাৰিৰ পানীৰ ঘাটত তিৰোতাৰ শ এটা উপঙি আছে।' ভগীৰথে ককায়েক ভায়েকহঁতৰ সৈতে চাইকেল মাৰি গৈ গৰৈমাৰিৰ পানীৰ ঘাট পালেগৈ। পিছে পিছে গাঁৱৰ দুজন মানো গৈছিল।
" হয় অ' ককাইদেউ। এই শটো তাইৰেই হয় । সেইদিনা তাই এই ৰঙা ব্লাউজটোকে পিন্ধি আছিল।" মূৰে-কপালে হাত দি বহি পৰে ভগীৰথে।
              ফুলি গধুৰ হোৱা জেউতিৰ শটো পাৰলৈ উঠাই আনিলে। মাছে তাইৰ দেহৰ আধা অংশ কুটি কুটি খাইছিল। পুলিচক খবৰ দিয়া হৈছিল। পুলিচে শটো প'ষ্ট মটেম কৰিবলৈ লৈ গৈছিল। আবেলি সময়ত শটো আনি বাঁহনিৰ চুকত  দাহ কৰিলে।
সময় সলনি হয়। দিনবোৰো সলনি হয় ভগীৰথৰ । সংসাৰ নচলে তাৰ । ঘৰখনে পুনৰ  তাক বিয়া পাতিবলৈ কৈ
পিছ নেৰা হৈছিল। ঘনাই সৰি পৰিছিল তাৰ দীঘল হুমুনিয়াহ। নৈ ঘাটত কাপোৰ ধুবলৈ বুলি ওলাই যোৱা মানুহ জনী তাৰ নাই বুলিয়েই নোহোৱা হৈ গ'ল। এই কথা সি কেনেকৈ সহজে মান্তি হয়। নোৱাৰে সি । ঘৰখনে ওচৰৰ গাঁও এখনৰ ছোৱালী এজনীক তালৈ বিয়া পাতি দিলে। মনৰ পৰা তাৰ মানুহ জনী আঁতৰি নোযোৱা হ'ল। বেলেগ এজনীক কেনেকৈ সি ঠাই দিয়ে। মাক পানীত উটি যোৱাৰ দিন ধৰি পিহুৰ মুখৰ মাত নোহোৱা হৈছিল। অনবৰতে কান্দি থকা হৈছিল। ৰাতি-বেলিও তাই মাকক বিচাৰি চঁক খাই কান্দিছিল।
সি পুনৰ লটকণৰ কাষ পাইছিলগৈ। লটকণে চাউলত মঙল চাই কৈছিল,
" নৈৰ পাৰৰ ভূতে লম্ভিছে। আচলতে মাক জীয়েক দুয়োজনীকে ধৰিছিল। জীয়েকক নিব নোৱাৰি মাককহে  নিলে । পিছে মোৰ ওচৰত তাৰ দিহা আছে।"
সৰিয়হ জাৰি পিহুৰ গাৰ পৰা লটকণে ভূত খেদিছিল। আয়ুস তুলিছিল। পিছে তাইৰ মুখৰ মাতষাৰ উলিয়াব নোৱাৰিলে। বৰদেউতাক আৰু বৰমাকে এদিন চহৰৰ ডাক্তৰৰ ওচৰত পিহুক নি দেখুৱাইছিল।
" অধিক ভয় খোৱাৰ বাবে তাইৰ মুখৰ মাত নোহোৱা হৈছে। হয়তো সময়ত ভাল হ'ব। কিছু দিন অপেক্ষা কৰক।" 
ডাক্তৰে  দিয়া পৰামৰ্শ মানি লৈ ঔষধ পাতি খোৱাই কিছু দিন অপেক্ষা কৰিছিল।
সময়ৰ হাতত ধৰি লাহে লাহে পিহু ডাঙৰ হৈ আহিল। পিছে তাইৰ মুখৰ মাতটো ঘূৰি নাহিল। ভগীৰথৰ মনত পুনৰ আন এক চিন্তাই  দিনে-ৰাতিয়ে কুঁটি খাই থাকিল। তাইক গাঁৱৰে প্ৰাথমিক বিদ্যালয় খনত নাম ভৰ্তি কৰাই দিছিল। 
কেইদিনমান গৈয়েই তাই স্কুল যোৱা এৰিলে। ৰাতি পুৱালেই তাইৰ মনটো একেটা চিন্তাই আগুৰি ধৰি থকা হৈছিল।
মাত-বোল কৰিবলৈ সক্ষম নহ'লেও তাই কাণেৰে শুনিছিল। কথাবোৰ বুজি পাইছিল। স্কুলৰ ল'ৰা-ছোৱালীবোৰে তাইক আঁকৰী বুলি জোকাইছিল । মুখ ফালি কথা ক'বলৈ নোৱাৰিছিল তাই । জীয়েকৰ চকুৰ চাৱনিতে ভগীৰথে তাইৰ মনৰ তলিলৈকে দেখি বুজিছিল। সতিনীৰ জীয়েক পিহুক মাহীয়েক জোনাকীয়ে ঘৰুৱা কাম বনতে বান্ধি থৈছিল। পখিলা খেদি ফুৰাৰ বয়সত তাই শোতা-বাঢ়নী ধৰিব লগা হয় । তাইৰ গাতনো কি দোষ ? তেজ-মঙহেৰে গঢ়া দেহাটোত তাইৰ মন এটা নিজাববীয়াকৈ আছে। পাট গাভৰুতে এজনী ছোৱালীৰ বাপেক এটালৈ তাইক বিয়া দি  বাপেক-মাকহাল আজৰি হ'ল। বাপেক মদাহী। মহিৰাম মদাহী বুলি ক'লে গোটেই অঞ্চল জনজাত। এবাৰ তাৰ উচ্চ ৰক্তচাপ উঠি সিফলীয়া হ'ব ধৰিছিল। চহৰৰ হস্পিতালত নি ডাক্তৰক দেখুওৱাতে ঠিক হ'ল।
কোনোবাই কোনোবাই মহিৰামক কৈছিল ,
" মহে  ডাক্তৰৰ দেৱাই আৰু কিমান খাবি ? তাতকৈ নেত্ৰ ভাটিৰ পৰা চুলাই আনি খা ।তোৰ প্ৰেচাৰ কোবতে নোহোৱা হৈ যাব ।"
" হয় নেকি। মই এতিয়াই যাওঁ নেত্ৰ ভাটি লৈ ।"
তেতিয়াৰ পৰাই তাৰ মদ খোৱা বেয়া অভ্যাস এটা কৰি, পিছলৈ এৰিব নোৱাৰা হৈ পৰিছিল। মহিৰাম নামটো গৈ মদাহী হ'ল। দিন-ৰাতি মদৰ  নিচাত য'তে কাটি হয় ত'তেই তাৰ ৰাতি হয়।
       জোনাকীজনীৰ কপালত সেন্দূৰ লৈ বোৱাৰী সাজ পিন্ধিলে কি হ'ব ? তাই এতিয়াও বিহু তলিত বিহু নাচি ফুৰাৰ মন । ভগীৰথে তাইক কোনো কথাতে দোষ নধৰে । সকলো বিধিৰ লিখন বুলি সি মনতে কথাবোৰ সামৰি থয়। 
লাহে লাহে পিহু গাভৰু হৈ আহিল। তাইৰ মাতটোহে নাই । ৰূপে-গুণে , কামে-বনে, খোজে-কাটলে মন খোৱাজনী হৈ পৰিছে। বোৱা-কটাত 
কাজি শিপিনীৰ দৰে তাইৰ হাত অহা হৈছে। চোতালৰ মূৰৰ উধানটোত সিজাই লোৱা কেঠা-কাপোৰৰ বাল্টিটোত ভৰাই তাই নৈ পাৰ পালেগৈ। কঁঠাল গছৰ চটাখনত তাই  কাপোৰ কোবাই কোবাই নৈৰ পানীত আওখালি আছিল।
এই নীৰৱ মুহূৰ্তত নাও বাই জাল মাৰি ফুৰা জগতে পিহুৰ পকা থেকেৰা যেন তাইৰ মুখৰ ৰূপটো দেখি পিছলি পৰিল। বহু দিনৰ পৰা সি মনত কঢ়িয়াই লৈ ফুৰা কথাষাৰ তাৰ আজি কৈ পেলাবৰ মন গ'ল। পিহুৰ কাষলৈ সি নাও বাই আহিল।
" মই তোক ভালপাই পেলালোঁ পিহু। মোলৈ বিয়া সোমাবিনে তই ?"
পিছে ক'ব নোৱাৰিলে সি ।মনৰ দলনিত মাগুৰ মাছে মোৰাছান মাৰি আঁতৰি যোৱাৰ দৰে সিয়ো আঁতৰি যায় গৈ। কিন্তু পিহু তাৰ মনৰ মাজত ৰৈ যায় । পিছলৈ জগতে কাপোৰ ধোৱা ঘাটলৈ ঘনাই মাকো মৰা হ'ল। সিদিনা জগতে আগ ধৰি আহি কাপোৰ ধোৱা ঘাটত নাও চপাই গছ এজোপাৰ তলত বহি পিহু অহালৈ অপেক্ষা কৰিলে। সি আজি তাইক তাৰ মনৰ সকলো কথা খোলা-খুলিকৈ কৈ দিব । লগৰ দুজনী মানৰ সৈতে পিহু কাপোৰ ধুবলৈ ঘাটলৈ নামিল। দুপৰৰ বেলিয়ে পিহুৰ গালে-মুখে পৰি পকা সুমথিৰা যেন কৰি তুলিছে। গছৰ আঁৰত লুকাই থকা জগতৰ পিহুৰ এনে ৰূপ দেখি মনটো তাৰ ছাটি ফুটি কৰিবলৈ ধৰিলে। সি ৰৈ থাকিব নোৱাৰিলে। ভুটুং কৈ সি পিহুৰ কাষলৈ গৈ তাৰ মনৰ কথাবোৰ কৈ পেলালে। কাপোৰ ধুবলৈ গৈ ৰৈ গৈছিল পিহুয়ে। একেথৰে জগতলৈ চাই ৰয় তাই । তাইৰ সেই চাৱনীত জগতৰ গা-মন ডেৱা-পোৰা কৰিব ধৰিলে। 
কিন্তু তাই যে তাক মাতষাৰো লগাব নোৱাৰিলে। মুখখন ঘূৰাই লৈ তাই বৈ থকা নদী খনলৈ চাই ৰয় । এই নদীৰ বুকুত তাইৰ অলেখ অকথিত কাহিনী আছে । জীয়া সপোন আছে। নদীয়ে এই কথা ক'ব নোৱাৰে কাহানিও। উটুৱাই নিয়ে মাথোঁ সমগ্ৰ দুখ-কালিমা । নোৱাৰে। নোৱাৰে কাকোৱেই ক'বলৈ তায়ো ।
পুনৰ মুখখন ঘূৰাই জগতক তাইৰ ভাষাৰে প্ৰকাশ কৰিলে।
"ইয়াৰ পৰা তুমি যোৱা । এই কথা কেনেবাকৈ ঘৰত জানিলে মাহীয়ে মোৰ পিঠি কোবাই ফালিব । এনেও খোজে প্ৰতি জগৰ ধৰে । মোৰ শপত তুমি গুচি যোৱা।"
দীঘল হুমুনিয়াহ এটা সৰি পৰে তাইৰ । দুগালেৰে  বৈ অহা চকুপানীৰ ধাৰটো গাত লৈ থকা গামোচাখনৰে মচি লৈ পুনৰ কাপোৰ ধোৱাত লাগিল। অতদিনে মনত কঢ়িয়াই লৈ ফুৰা সপোনটো জগতৰ অকালতে মৰহি যোৱা দেখি তাৰ বুকুখনো গধুৰ হৈ পৰিল। তথাপিও সি একেটা সপোনকে পুনৰ দেখিবলৈ এৰা নাছিল। সেই আশা লৈ জগতে এক গধুৰ হুমুনিয়াহ কাঢ়ি সিয়ো বাট লয় । যাওঁতে সি বাটত ভাবি গৈছে, সি পুলিচৰ চাকৰিৰ বাবে পৰীক্ষা দিছে! ৰাতি  তিনিটা মান বজাতে উঠি লগৰ দুটামানৰ সৈতে ৰাস্তাত দৌৰে!
কিবা কৰি তাৰ চাকৰিটো হ'লে সি পিহুক পলুৱাই হ'লেও নিব! তাইৰ লগৰ কেইজনীয়ে ফুচফুচায় ।
কোনোবা এজনীয়ে গুণগুণাই,
"দিচাং নৈ এৰিব পাৰোঁ মই চেনাই ঐ
দিখৌ নৈ এৰিব পাৰোঁ
তোকেহে নেদেখি থাকিব নোৱাৰোঁ
সদায় পৰি থাকে মনত ।"
  
            গৈ থকা জগতৰ কাণতে নহয় বুকুত বাজিল সেই সুৰ। ৰৈ ৰৈ বাজিল । ৰৈ গৈছিল সি। উভতি চাওঁ যেন কৰিছিল । কিন্তু নোৱাৰিলে।
নৈ খনৰ দৰেই এবুকু বেদনা লৈ সিয়ো গৈ থাকিল ।
           ঘৰ সংসাৰৰ দায়িত্ব বাঢ়িছিল ভগীৰথহঁতৰ পৰিয়ালটোত । মাক-দেউতাক ঢুকুৱাত এদিন খণ্ডিত হয় ঘৰখন। পুৰণি ঘৰৰ ভেটিতে পৰিয়ালটো লৈ ঘৰ সাজি ৰৈ যায় ভগীৰথে । কাপোৰ ধুই ডাঁৰ ডালত মেলি দি  পিহুৱে ঘৰৰ ভিতৰত সোমাইছিল হে মাত্ৰ। তাই চকু কপালত উঠিছিল। নাম কীৰ্তন খাবলৈ আহি পাবত গজা  মাহীয়েকৰ সম্বন্ধীয় কোনোবা বায়েকৰ দেওৰেক যতীনে পিহুক পচন্দ কৰি বিয়া পাতিবলৈ মনমেলি ৰৈ গৈছিল।
 " দে হওক । তোৰ যদি পচন্দ হৈছে তাৰ সৈতে পিহুক বিয়া দিম ।"
             ঘৈণীয়েকৰ কথাত সন্মত হৈছিল এদিন ভগীৰথে। তাইৰ কেঁচা মঙহৰ অন্তৰ খনক নিচুকাই থৈ দেউতাকৰ কথাত সন্মত হৈছিল তায়ো।
পিছে তাই এয়া আজি কি দেখিছে ? কোনোৱে তাইক কৈছিল,
"যতীনে ম'বাইল ফোন এটা কিনি আনি তোক নিদি মাহীক দিছে।"
" কোনোৱে আকৌ কৈছিল,
যতীনে তোৰ মাহীয়েৰৰ লগত চহৰত চিনেমা চাবলৈ গৈছে, কাপোৰৰ দোকানত সোমাই বজাৰ কৰিছে। সিহঁতৰ মাজত কিবা এটা আছে বুজিছ ?"
             আনে কোৱা কথাবোৰ তাই বিশ্বাস কৰা নাছিল! কিন্তু আজি তাই চকুৰ আগত দেখিছে ! দৌৰি ওলাই আহি চোতালত ভৰি থয় পিহুৱে। ঘৰত দেউতাক  নাছিল। তিনি আলি মূৰত ভগীৰথে আজি কালি দোকান দিয়ে । তাইৰ পিছে পিছে গাৰ কাপোৰ কানি ঠিক কৰি লৈ বিছনাৰ পৰা উঠি দৌৰি আহিছে জোনাকী আৰু যতীনও। যতীনে পিহুক  মুখত শোপা মাৰি ধৰি ভিতৰলৈ চোঁচৰাই নিয়া দি লৈ যায় ।
বাহিৰত চোতাল ৰখীয়া হৈ ৰয় জোনাকীয়ে। ঠেং-ভৰি এচাৰি এটা সময়ত নিথৰ হৈ পৰা পিহুৰ মৃত দেহটো যতীনে বিছনাৰ তলত পেলায় থৈ বাহিৰ হয়। তেতিয়া লৈ ঢিপ্ ঢিপাই থকা জোনাকীৰ বুকুখন থাম্ খালে গৈ। তাই লাহেকৈ যতীনৰ কাষলৈ গৈ সুধিলে,
" ঐ তাইক কি কৰিলি ?"
" একেবাৰে চিন-মোকাম মাৰি থৈ আহিছোঁ। সাঁজ লগালৈ অলপ ৰ'ৱ লাগিব । বাপেকটো অহাৰ আগতেই নৈত উটুৱাই থৈ আহিম গৈ।"
জোনাকীয়ে যতীনৰ কথাবোৰ শুনি ভয় খাইছিল যদিও বাটৰ হুল আঁতৰিল বুলি পেটে পেটে ভালহে পাবলৈ ধৰিলে।
সকলো নজনাৰ ভাও ধৰি তাই দুয়ো হাতেৰে আবেলিৰ বন সামৰিবলৈ ধৰিলে।
বাণি সূতা দুনেছা লৈ দীপা আহি ওলাইছিল। তাইৰ ককায়েক দিবাকৰে আজি দিনৰ ভাগত চহৰলৈ গৈছিল। পিহুৱে যাব বুলি খবৰ 
পাই  বাণিসূতা দুনেছা  আনিবলৈ টকা দি পঠিয়াইছিল। পিহুক নাপাই মাহীয়েকৰ হাততেই সূতা দুনেছা দি তাই উভতিল।
তেতিয়া লৈ সাঁজ লাগি ভাগিছিল। এন্ধাৰ হৈ আহিল। ক'ৰবাত দুটা-এটা জোনাকী পৰুৱা উৰিব ধৰিছিল।
যতীনে পিহুৰ উলংগ কৰি মানসিক তৃপ্তি লৈ ডিঙি চেপি হত্যা কৰা মৃত দেহটো বস্তা এটাত ভৰাই লৈ লুংলুঙীয়া বাটেৰে নৈ ঘাট পালেগৈ।
ইফালে-সিফালে চাই ছেগ বুজি বস্তাটোৰ পৰা পিহুৰ মৃত দেহটো উলিয়াই নৈ বুকুলৈ দলিয়াই পেলাই থৈ বস্তাটো লৈ পুনৰ সেই একেবাটেৰে কোবাকুবিকৈ বাট লৈ পিহুহঁতৰ ঘৰত উপস্থিত হয়গৈ। ইতিমধ্যে মাহীমাক সাদৰী জোনাকীয়ে পিহুক বিচাৰি গোটেইখন চুবুৰী চলাথ কৰিলে। মানুহক দেখুৱাই তাই বাৰাণ্ডাত বহি লৈ এসোঁতা কান্দিলেও । দোকান সামৰি আহি ঘৰত উপস্থিত হোৱা মাত্ৰকে কথা শুনি উচপ খাই উঠে ভগীৰথে । গোটেই গাঁও ৰজনজনাই গৈছে। 'পিহু  আবেলিৰ পৰা দেখা-দেখি নাই। 
"গাভৰু ছোৱালী কাৰোবালৈ পলাই গ'ল হ'বলা ।"
মানুহৰ মুখে মুখে বিয়পি পৰে কথাবোৰ। বুকুত সাহস বান্ধি লৈ যতীনে জেঠুৱেক ভগীক ক'লে,
"মই তাইৰ লগৰ কেইজনীৰ ঘৰতো গৈ সুধি আহিছোঁ। নাই তাই কাৰোৱে ঘৰত যোৱা নাই।"
         গোটেই ৰাতিটো ক'তো জীয়েকক বিচাৰি নাপাই চিন্তিত হৈ পৰে ভগীৰথে । মাজে মাজে চকুপানী নিগৰি আহি তাক শোকে খুন্দা মাৰি ধৰে। বাৰে বাৰে সি ঈশ্বৰক তুতি-মিনতি কৰে । পিছদিনা দুপৰ ভাগত খবৰ আহিল । গাঁৱৰ নামনিৰ ফালৰ ধনীৰামৰ ঘৰত মানুহ এজনে নৈৰ পানীৰ যুঁৱলিত উলংগ হৈ পৰি থকা গাভৰু মৃত দেহ এটাৰ খবৰ দি গৈছে।
খবৰ পোৱা মাত্ৰকে উবুৰি খাই গৈ মানুহে শটো চালেগৈ।খবৰ শুনি জগতো গ'ল। কালিৰে পৰা তাৰো পেটৰ ভোক আৰু চকুৰ টোপনি নোহোৱা হৈছে। কাৰোবাৰ আগত সি কৈছে,
"নাই পিহু কাৰোবালৈ পলাই যাব পৰা ছোৱালী নহয় ।"
অয়-অলংকাৰ, সাজ-কাপোৰ দি সি পিহুক বিয়া কৰাই আনিবলৈ নোৱাৰিলে কি হ'ব ? সি তাইক ভালপাই অন্তৰৰে । তায়ো । সেয়ে সি তাইক ভালকৈ বুজি পাইছিল।
দেহটো পানীৰ পৰা পাৰলৈ তুলি অনা হ'ল। জগতে গাত পিন্ধি থকা চোলাটো খুলি পিহুৰ উলংগ দেহটো ঢাকি হুকহুকাই উঠে । 
         একমাত্ৰ সন্তান, জীয়েক পিহুক নুৱাই-ধুৱাই কইনা সাজি এঘৰলৈ উলিয়াই পঠিওৱাৰ সপোন দেখিছিল   ভগীৰথে । পিছে তাৰ সপোনটো বাস্তৱ নহ'ল।জীয়েকৰ চেঁচা ঠৰঙা দেহটোৰ ওপৰত পৰি ৰাউচি ধৰি কান্দি উঠে সি। থানাত খবৰ দিয়া হৈছিল। পুলিচৰ দল আহি উপস্থিত হোৱাৰ লগতে টি ভিৰ ভিন্ন নিউজ চেনেল আৰু বাতৰি কাকতৰ ৰিপ'ৰ্টাৰ সকলো আহি উপস্থিত হ'লহি।
সন্দেহ জনক হিচাপে পুলিচে জগতক এৰেষ্ট কৰি লৈ গৈছিল যদিও পিছত মুকলি কৰি দিয়ে। ৰাতি লৈ পিহুৰ শটো আহি পাইছিল। পলম নকৰি ভকতে  মৃতকৰ ঘৰখনৰ লগতে  বংশ পৰিয়ালৰ সকলোকে দোষ-দায় নধৰি দয়া কৰিবলৈ আশীৰ্বাদ দি শটো লৈ গৈ বাৰীৰ মূৰৰ বাঁহনিখনৰ  মাকৰ কাষতে তাইৰ শটো দাহ কৰিলে। জীয়েক পিহুক হেৰুৱাই বলিয়া হোৱা দি হ'ল ভগীৰথ। য'তে-ত'তে জুপুকা মাৰি বহি থকা হ'ল সি ।
বৰষুণৰ আগজাননী লৈ খাল-বিলৰ সৰু মাছে পানীত জঁপিয়াই উঠাৰ দৰে ভগীৰথৰ  
মনৰ মাজত পিহুৰ কিছুমান ছবিয়ে জঁপিয়াই জঁপিয়াই খেলি ফুৰাৰ দৰে সি দেখিবলৈ ল'লে। তাকে  চাই সি মাজে মাজে হাঁহি  উঠে। কেতিয়াবা আকৌ কান্দি উঠে। জীৱনৰ আকাশখন তাৰ হঠাতে কলীয়া ডাৱৰে ঢাকি পেলালে। এতিয়া গিৰিং গিৰিং কৈ মেঘে গাজি বিজুলী-ঢেৰেকনিৰে   বৰষুণ হৈ সৰি পৰিছে সি। এই দুখৰ বৰষুণ জাক বুকুত লৈ  কোনেও নেদেখা কৈ ঘৰ এৰি থৈ ওলাই যায় গৈ সি ।
সুবিধা লৈ জোনাকীয়েও এদিন ঘৰ এৰিলে । ঘৰ গুচি বাঁহ তল হ'ল। সময়বোৰ সোঁৱৰণীৰ পথেৰে আগবাঢ়ি গৈছিল । ভগীৰথৰ এৰা বাৰীৰ উৱলি যোৱা ঘৰটোত ক'ৰবাৰ পৰা পাগলী এজনীয়ে আহি বাহ লৈছেহি । খবৰটো মানুহৰ মুখে মুখে বাগৰি ফুৰিব ধৰিলে । তাইক চাবলৈ মানুহবোৰ চাপি-ধামি গৈছে। কোনোৱে পানী বটল দি থৈ গৈছে যদি কোনোৱে আকৌ খোৱা বস্তু দি থৈ গৈছে। জগতেও এদিন চাবলৈ গ'ল।
আনে চিনি পাওক বা নাপাওক গাঁৱৰ মানুহে পাগলী বুলি ভবা মানুহ জনীক দেখা মাত্ৰকে জগতে চিনি পালে। এয়া যে আন কোনো নহয় ভগীৰথৰ দ্বিতীয় পত্নী আৰু পিহুৰ মাহীমাক জোনাকী হয়।  জগতক চিনিব পাৰি তাই মুখখন ঘূৰাই দিয়ে।
জীয়েকক হেৰুৱাই বলিয়া হোৱা ভগীৰথক এৰি থৈ জোনাকীয়ে এদিন যতীনৰ সৈতে সংসাৰ কৰিবলৈ বুলি পলাই গৈছিল। যতীনৰ ঘৰখনে সিহঁত হালক সহজে লোৱা নাছিল। দুবছৰৰ মান তাৰ সৈতে অনাই-বনাই ঘূৰি ফুৰিছিল। যতীনে তাইক এৰি পুনৰ ঘৰত থাকিবলৈ লৈছিল। তেতিয়াৰ পৰাই তাই য'তে ত'তে ঘূৰি ফুৰা হৈছিল । বয়সে গধুৰ কৰাত আহি এই ঘৰটোত থাকিবলৈ লয়।
জোনাকীৰ প্ৰতি থকা ক্ষোভ আৰু ঘৃণাৰ ভাব এটা জগতৰ মুখত বিৰিঙি আহিল।
মানুহ বাৰু কেনেকৈ ইমান স্বাৰ্থপৰ আৰু বিশ্বাস ঘাতক হ'ব পাৰে ? তেজৰ সম্বন্ধ নহ'লেও অন্তৰৰ সম্বন্ধৰে ঘৰ সাজিব নোৱাৰিনে ? 
সি স্বগতোক্তি কৰিলে।
পিহুৰ কথা ভাবি পুনৰ শৰবিদ্ধ হয় সি । আজিও সি পিহুক তাৰ মনৰ মাজত জীয়াই ৰাখিছে। সি কেৱল পিহুৰেই হৈ ৰয় । হঠাতে বলা হাবিতলীয়া বতাহ এছাটিয়ে তাক চুই থৈ গ'ল। তাৰ গাটো চেঁচা যেন লাগি গ'ল। তাই সিদিনা নৈৰ পাৰত  আকাৰে-ইংগিতেৰে তাক প্ৰকাশ কৰা কথাবোৰ তাৰ বুকুত বাজিছে । অনুনাদ হৈ ।

ঠিকনাঃ
মৰাণহাট পিয়লি নগৰ
মোবাইল নং ৯৪৩৫৩২৬৫৬২

অঙ্গন:  পৃষ্ঠাঃ 39
মুক্তি

মনিকা দেৱী

" তহঁত তিৰুতাবোৰৰ মূৰত ঘিঁউ বোলা বস্তু টো একেবাৰেই নাই ।কৈ দিবি তাইক চাইহে আছোঁ ,কোনোবাদিনা ভালকৈ সেকাটো দি দিম । "
" হ'ব দে, মই বুজাম নহয় তাইক "
" অ'  বুজাই  দিবি ভালকৈ । আৰু এই বিহু- চিহু  নচলিব  এইবাৰ , নোৱাৰে যাব । মানুহ এঘৰে খবৰ দিছে _পহিলা বহাগতে আহিব তাইক চাবলৈ , একো যাতে গণ্ডগোল নকৰে । নহ'লে ........." __পদূলিমুখৰ পৰাই তাই বাপেকে পেহীয়েকৰ আগত  তৰ্জন-গৰ্জন কৰি থকা শুনিলে ।এখোজ-দুখোজকৈ আহি পিৰালিতে ৰৈ দিল তাই । মিনতিহঁতৰ ঘৰলৈ গৈছিল  জেতুকা পাত কেইটামান অনাৰ চলেৰে । তাতে গোপনে  কেইবাদিনৰ মুৰত মোহনক লগ কৰিছিল । মিনতিয়েই সব  বন্দোবস্ত কৰি দিছিল । তাই আহি ঘৰেই নাপালে বাপেকে খবৰ পায়ে গ'ল । বাপেকৰ কাণত কেনেকৈ পৰিল বুজিবলৈ বাকী নাথাকিল আৰু তাইৰ , আছে নহয় এই বিভিষণ ভায়েকটো ! সিয়ে চাগৈ কেনেবাকৈ দেখিলে মোহনক তালৈ অহা । 'যাহঃ যি হয় হ'ব '__  পোনে পোনে কুঁৱাৰ পাৰলৈ খোজ ল'লে তাই।ভৰি-হাত কেইটা ধুই এইবাৰ পটাখন উলিয়াই জেতুকা পিচিবলৈ বহিল । তাৰ মাজতে পেহীয়েক এবাৰ তাইৰ ওচৰলৈ আহিল কিন্তু  একো নকৈ অলপপৰ ৰৈ তাইলৈ চাই থাকি হুমুনিয়াহ এটা কাঢ়ি আকৌ আঁতৰি গ'লগৈ । তায়ো একো নুসুধিলে । পেহীয়েকৰ এই হুমুনিয়া   ভালকৈয়ে চিনে তাই ।বুজন হোৱাৰে পৰা প্ৰায়ে ৰাতি-ৰাতি পেহীয়েকৰ এই হুমুনিয়াহ - উচুপনি দেখি আহিছে তাই ।সৰুহৈ থাকোঁতে তাই সুধিলেও একো নকৈছিল  তেওঁ , মাথোঁ তাইক বুকুলৈ চপাই আনি কান্দিছিলহে  । তাই ডাঙৰ হোৱাৰ পিছত এদিন কুতুৰি-কুতুৰি পেহীয়েকৰ বুকু খান্দি উলিয়াই আনিছিল হুমুনিয়াহ-উচুপনিৰ কাৰণবোৰ । এতিয়া পেহীয়েকৰ সেই বাটতে তায়ো খোজ পেলাইছে  । কিন্তু তেওঁৰ দৰে তাই ভয়াতুৰা নহয় , প্ৰয়োজন হলে মুৰ তুলি কথা কোৱাৰ সাহসকণ  আছে । সেয়ে বাপেকৰ এই তৰ্জন-গৰ্জনলৈ তাই কেৰেপ নকৰে । 

      সেইদিনা সন্ধিয়াৰ পৰা ঘৰখন এক থমথমীয়া পৰিৱেশে আৱৰি ৰাখিলে । পেহীয়েকেও তাইক বিশেষ একো নকলে । ৰাতি খাই বৈ বিছনাত পৰাৰ পিছতহে পেহীয়েকে মুখ খুলিলে___" বাপেৰক এই বয়সত কিয়নো কষ্ট দিব খোজিছ ,তই এতিয়া সৰু হৈ থকা নাই । কথাবোৰ বুজি বলৈ যত্ন কৰিবি ।আজি বাদে কালিলৈ কাৰোবাৰ ঘৰৰ বোৱাৰী হ'বগৈ লাগিব ....."
পেহীয়েকক কথা শেষ কৰিবলৈ নিদিলে তাই __" ক'চোন পেহী তয়ে , মইনো কি পৃথিৱীত নোহোৱা কামটো কৰিলোঁ ,যে দেউতাই  মনত কষ্ট পাব ?"
" সকলো বুজিও নুবুজাৰ ভাও কিয় ধৰিছ', জানয়ে তোক দেউতাৰে কেতিয়াও তালৈ বিয়া নিদিয়ে ।সময় থাকোঁতেই এৰি পেলা এইবোৰ । নহ'লে পিছত....."
" নহ'লে পিছত কি হা ...?? মোক তোৰ দৰে সাহস নাইকিয়া বুলি নাভাবিবি পেহী। আৰু মোক যে এৰি পেলা বুলি কৈছ ,তই পাৰিছনে এৰিবলৈ ? ইমান বছৰে পাহৰিব পাৰিলিনে ? "__তাইৰ প্ৰশ্নত উত্তৰ দিব নোৱাৰিলে পেহীয়েকে । মনে মনে মাথোঁ ভাবিলে _' কি হ'ব এই ছোৱালীজনীৰ ।তাই যিখন যুজঁৰ বাবে সাজু হৈছে পাৰিবনে অকলেই তাত জিকিবলৈ । নে তায়ো মোৰ দৰেই হাৰ মানি গোটেই জীৱন একুৰা জীয়াজুইত দহি- দহি ......! নাই নাই , ভগৱান এনেকুৱা হ'বলৈ নিদিবা । মাতৃহীনা ছোৱালী জনীক ইমান কষ্ট নিদিবা প্ৰভু ।' ___ হাতযোৰ কৰি ভগৱানক স্মৰণ কৰে তেওঁ । খঙত
সিপিনে মুখ কৰি ইমান পৰে নিতাল মাৰি থকাৰ পৰা ঘূৰি তাই পেহীয়েকৰ গাত সাৱতি ধৰে _" অ' পেহী ,বুজাবিচোন দেউতাক । কিহত বেয়া দেখিলেনো তাক । সৰু হলেও উপাৰ্জনৰ পথ এটাও আছে ,সুখত ৰাখিব মোক । তয়ে কচোন সি জানো বেয়া ল'ৰা ?"
" বেয়া নহয় অ' ।একোহতে বেয়া নহয় । দেউতাৰৰ আপত্তি মাত্ৰ ...."
" সি আমাৰ জাতৰ নহয় বুলি?? এইবোৰ জাত-পাত বাচ-বিচাৰ কৰাৰ দিন গ'ল এতিয়া । "_ উষ্মাৰে কলে তাই।
" বাপেৰক এই কথাকেনো বুজায় কোনে ? পৰা হ'লে আজি মোৰ এই অৱস্থা হয়নে বাৰু !!"__ আকৌ সেই হিয়াভঙা হুমুনিয়াহ এটা বাহিৰ হ'ল পেহীয়েকৰ বুকু ফাটি ।
" তইনো কিয় ইমান ভয় কৰিছিলি । যাৰ কাৰণে এইফালে তই আৰু সিফালে হৰেন ছাৰ দুয়ো আজীৱন অকলশৰীয়াহৈ ৰৈ গ'লি।"
" ভয়ৰ কথা  নহয় অ' । ঘৰৰ সন্মানৰ কথা কৈ  আয়ে মোক বধ শপত খুৱাইছিল । সেই কাৰণেহে .....।"
_ "উস্ মোৰ আজলী পেহীজনী" _তাই জোৰেৰে সাৱতি ধৰিলে মানুহজনীক । এই মানুহজনীয়ে নোৱাৰিলে, বামুনৰ জীয়ৰী হৈ শূদিৰৰ ল'ৰাৰ লগত প্ৰেম কৰি অৱশেষত নিজৰ মাকৰ হাততে হাৰি গ'ল ।কেৱল ঘৰৰ সন্মানৰ দোহাই দিয়ে শপত খুৱালে __যাতে পলাই গৈ প্ৰিয়জনৰ লগত সংসাৰ কৰিবগৈ নোৱাৰে । বংশৰ গৰিমাত কলংক আনিব নোৱাৰে । সেয়ে মাকৰ ওপৰতে জেদ কৰি তেৱোঁ মনে মনে পণ ল'লে জীৱনত আন কাৰো নহ'বলৈ । পিছত বহু চেষ্টা কৰিও বিয়াৰ বাবে মান্তি কৰাব নোৱাৰিলে কোনেও । সেইটো বেজাৰ মনত লৈয়ে আইতাকে চকু মুদিলে ।সিফালে সেইজনেও কাকোৱে আপোন কৰি ল'ব নোৱাৰিলে । ফলত দুয়ো ৰৈ গ'ল একেখন নদীৰে দুটি পাৰ হৈ __ কাহানিও লগ নলগাকৈ । কিন্তু তাই ইমান ত্যাগ কৰিব নোৱাৰে । দৰকাৰ হ'লে এই ঘৰ -দুৱাৰ সকলো এৰিব , কিন্তু এই পুৰণিকলীয়া ৰীতি-নীতি  উফৰাই  পেলাব আপোনজনক পাবলৈ ।বাপেকৰ জাত্যাভিমান ভাঙিবলৈকে হয়তো ভগৱানে তাইক মোহনৰ লগত চাৰিচকুৰ মিলন কৰি সাঙুৰি পেলালে । সি হৈছে সিহঁতৰ ওচৰৰে  গাওঁখনৰ তিৱা জনজাতিৰ ল'ৰা । স্কুলীয়া দিনৰেপৰা সিহঁত একেলগে পঢ়া বন্ধু । ডাঙৰহৈ অহাৰ লগে-লগে এই বন্ধুত্বই ৰং সলাই নতুন ৰূপ ললে । পঢ়া-শুনা শেষ কৰাৰ পিছত সি যোৱাবছৰ  চাকৰিৰ বাবে নৰৈ নিজাকৈ এখন কৃষিপাম খুলিছে । তাৰ বাবে চৰকাৰৰ পৰা ঋণো লৈছে । লাহে-লাহে তাৰ ব্যৱসায়টোৱে ঠন ধৰি আহিছে । সিহঁতৰ দৰে ঘৰুৱা অৱস্থা তাৰ স্বচ্ছল নহ‌য় যদিও এতিয়া অলপ হ'লেও উন্নতি হৈছে ।  বেছি নহ'লেও তাইক খোৱাব-পিন্ধাব পাৰিব । তাতকৈ আৰু একো নালাগে    তাইক ।প্ৰিয়জনক কাষত পোৱাৰ পিছত আৰুনো কি লাগে মানুহক । মনৰ সুখেহে আচল সুখ _ সেইকথাটোকে যে নুবুজে মানুহবোৰে । 

      জুই আৰু প্ৰেমক কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰি , সিহঁতৰ কথাবোৰো এদিন সকলোৰে জনাজনি হৈ পৰিল ।বাপেকৰ কাণতো কেনেবাকৈ পৰিলহি , তেতিয়াৰ পৰা বৰ সাৱধানে হ'ব লগা হৈছে তাই । তাইৰ বান্ধবী মিনতিয়ে একপ্ৰকাৰৰ বেদনিধিৰ দ্বায়িত্ব পালন কৰি পাৰেমানে সহায় কৰিছে দুয়োটাকে । আজিও তায়েই সিহঁতৰ ঘৰত দুয়োটাকে লগপোৱাৰ সুবিধা কৰি দিছিল । কিন্তু এই ভায়েকটো , সিহে আজি-কালি তাই কলৈ গৈছে ,কি কৰিছে সকলো গম লৈ ফুৰা হৈছে । আজিও নিশ্চয় সিয়ে বিভিষণৰ ভাওটো কৰি সিহঁত লগ হোৱাৰ কথা বাপেকৰ কাণত পেলালেহি  । নাই সোনকালে কিবা এটা কৰিব লাগিব । নহ'লে বাপেকে কোৱা মতে বহাগ পালেই কথাই কি ৰূপ লয়গৈ ঠিক নাই ।_ ভাৱনাৰ সাগৰত উটি ভাহি বহুৰাতিলৈ তাইৰ টোপনি নাহিল  ।

      "পেহী অ' দেউতাক কবিচোন এইবাৰ শেষবাৰৰ কাৰণে বিহু নাচিবলৈ দিয়ে যেন মোক । ইয়াৰ পিছততো আৰু নাপাওঁ "_ বৰ বেজাৰমনেৰে পেহীয়েকক খাতনি ধৰিলে তাই ।
" হ'ব দে কম বাৰু । "_ তাইলৈ তেওঁৰো বেয়া লাগিল । 'বেচেৰী , আৰুনো কিমান দিন ! বহাগতে মানুহ এঘৰ অহাৰ কথা । তলে- তলে বাপেকে প্ৰায় ঠিকেই কৰি পেলাইছে । মাত্ৰ সোঁৱৰণী দুখন মিলিলেই হ'ল । ইতিমধ্যে তাইকো বোলে ক'ৰবাত দেখি ল'ৰাঘৰে পচন্দই কৰিছে । নকৰিবনো কিয় _ ৰূপে -গুণে কোনোফালেই কম নহয় তাই ।পিচে হিয়া খনহে বেলেগক দি থৈছে ।তাৰ পিছতো আন এজনৰ লগত পাৰিবনে তাই সুখী হ'বলৈ ? ইফালে বাপেকেতো কোনোমতেই তাইৰ পচন্দক মানি নলয় _সেইটো ধ্ৰূবসত্য কথা ।কি যে হ'বগৈ ঈশ্বৰেহে জানে আৰু ।__ তাইলৈ চাই দীঘল কৈ হুমুনিয়াহ এটা এৰিলে তেওঁ । 

         অৱশেষত পেহীয়েকে বুজাই বঢ়াই বাপেকক কোনোমতে মান্তি কৰালে । কিন্তু এটা চৰ্ততহে তেওঁ তাইক বিহু নাচিবলৈ দিলে _'তাই যলৈকে যাব লগত ভায়েকো যাব ।আনকি আখৰালৈ যাওঁতেও । ' তাৰ আগতেই তেওঁ গম ললে বিহু দলটোত কোন-কোন বিহুৱা আছে । জীয়েকৰ প্ৰেমিকটো নাই বুলি জানি কিছু পৰিমাণে নিচিন্ত হ'ল তেওঁ । আৰু লগততো ভায়েক থাকিবই ,কি কৰিব পাৰিব তাই ! যেনে-তেনে এঘৰলৈ গতাব পাৰিলেই হ'ল আৰু । নহ'লে জাতিভ্ৰষ্ট হ'ব লাগিব ,সমাজতো নাক উলিয়াব নোৱাৰা হ'ব ।প্ৰভু সুমতি দিয়া যেন তাইক ।' __ ভগৱানক উদ্দেশ্যি মুৰ দোৱাই তেওঁ । 

        আজি মানুহবিহু । গধূলিলৈ গাঁৱৰ ডেকা-গাভৰুহঁতে ঘৰে-ঘৰে হুঁচৰি মাৰিব । আবেলিৰ পৰাই নাচনীহতঁৰ গা সাতখন-আঠখন । তায়ো মিনতিৰ সৈতে লগলাগি সাজোন-কাচোন কৰি আছে । এপাকত পাগঘৰত ব্যস্ত পেহীয়েকৰ ওচৰলৈ আহিল__" পেহী অ' আজি মই যামগৈ । সৰুৰে পৰা তোকেই মা বুলি ভাবি আহিছোঁ ,সেয়ে তোক কথাষাৰ জনালোঁ । আশীৰ্বাদ কৰিবি যিটো কাম কৰিবলৈ ওলাইছো একো বিঘিনি নঘটে যেন । "_ শান্তভাবে কথাকেইষাৰ কৈ তাই পেহীয়েকক সাৱতি ধৰিলে , তাৰপিছত এখোজ-দুখোজকৈ হুঁচৰি লৈ বুলি ওলাই গ'ল ।  ভায়েকো তাইৰ লগতে গ'ল । ইপিনে তাইৰ কথা শুনি  মানুহজনী থকা ভাগেই জঠৰ হৈ ৰ'ল ।'হে প্ৰভু কি কৰিবলৈ ওলাইছে এই পাগলীজনীয়ে ' ।জনম নিদিলেও সৰুৰে পৰা বুকুৰ উমেৰে ডাঙৰ কৰা জীয়ৰী এজনীক পাৰিনে এইদৰে বিদায় দিবলৈ । পাৰিনে বাৰু এখন সমাজৰ বিৰুদ্ধে অকলেই যুঁজিবলৈ দিব ? তাই জানো পাৰিব  সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ??_ অনেক ভাৱনাই অস্থিৰ কৰি পেলালেহি মানুহজনীক । বাৰে-বাৰে তেওঁৰ হাতৰ পৰা বাচন-বৰ্তনবোৰ পৰিবলৈ ধৰিলে ।  আকুলহৈ মাথোঁ ঘড়ীটোলৈ চাবলৈ ল'লে তেওঁ । 
       
     ভুতৰ ওপৰত দানহৰ দৰে তেওঁৰ বাবে আৰু এটা দুঃখবৰে বাট চাই আছিল । গধূলিৰ চাহকাপ দিবলৈ যাওঁতে ককায়েকে গহীন হৈ সেই খবৰটো জনালে __ __ "পৰহিলৈ ল'ৰাঘৰীয়া আহোঁ বুলিছে, তাইক কৈ দিবি কথাটো । "
" কি.. কিন্তু .. , তাই জানো মান্তি হ'ব ..."
" তাই মান্তি হোৱা-নোহোৱাৰ লগত কথা নাই । সকলো বোৰ মিলিলে নাই- নুই কৰা নহ'ব" 
" কিন্তু ...তাই যে......"_
" তাই কি হা ? তাই কি ?? মোৰ চকু-কাণ নাই বুলি ভাবিছ' , সব গম পাই আছোঁ মই ।ভুলতো নাভাবিবি সেই অজাতিটোলৈ তাইক বিয়া দিম বুলি । অন্ততঃ মই জীয়াই থকালৈ সেইটো হ'বই নোৱাৰে "__ খঙতে গুজৰি উঠিল মানুহটো । ককায়েকৰ ৰূপ দেখি সেইপিনেই তাপ মাৰিলে তেওঁ । 'উস্ উস্ কি হ'ব এতিয়া , কেনেবাকৈ তাইৰ গোপন আঁচনিটো গম পালে নেকি ! হে ভগৱান ৰক্ষা কৰা ,ৰক্ষা কৰা প্ৰভু '_ মনে মনে কেৱল প্ৰাৰ্থনা কৰি বাট চাই ৰ'ল  তেওঁ।__ 

          ভবা মতে কথাবোৰ নহ'লগৈ, হুঁচৰি শেষ কৰি খঙে- দুখে ঘৰলৈ উভতি আহিল তাই । সিহঁতক দেখিহে পেহীয়েকৰ মুখলৈ পানী আহিল ।
       
       এজনীয়েও ৰাতি ভাত খাব নোৱাৰিলে । তেতিয়ালৈকে তায়ো একো নকলে , পেহীয়েকেও একো নুসুধিলে   । শুবলৈ গৈহে  বিছনাত পেহীয়েকে কওঁ নকওঁকৈ তাইক খবৰটো দিলে__ "পৰহিলৈ ল'ৰা ঘৰৰ মানুহ আহিব ....."
"কি....ই....."_ তাই জাঁপ মাৰি উঠি বহিল। পিছ মূৰ্হুততে পেহীয়েকক সাৱতি উচুপি পেলালে।
" পেহী মোক বচা তই ,তোৰ দৰে গোটেই জীৱন কান্দি-কান্দি কটাব নোৱাৰোঁ মই । একো উপাই নাপালে কলঙতে জাঁপ দিমগৈ , মোৰ বধৰ ভাগি তয়ে হ'ব লাগিব কিন্তু ।"
" ৰ'চোন নাকান্দিবি ।দেউতাৰক বুজাইছিলোঁ মই  , কিন্তু কোনোমতেই মানি নলয় । ময়ে কিবা এটা কৰিব লাগিব...." _ পেহীয়েকে তাইৰ চকুলো মচি বুজনি দিলে । গোটেই ৰাতি দুয়োজনীয়ে চিন্তাত ইকাটি-সিকাটি কৰি উজাগৰে কটাই দিলে । 

         পিছদিনা দিনটো শান্তভাবে পাৰ কৰিলে তাই ।মাজতে এবাৰ মিনতিৰ ওচৰৰ পৰাও আহিলগৈ । গধূলি পেটৰ অসুখ বুলি কৈ তাই হুঁচৰিলৈ নগ'ল ।খাই-বৈ উঠি বাপেক নিচিন্তহৈ শুবলৈ গ'ল ।আনদিনাৰ দৰে সিহঁতদুজনীয়েও পাগঘৰ সামৰি  বিছনাত বাগৰ দিলেগৈ । কিন্তু চকুৰ পতা  হ'লে এজনীৰো জাপ নগ'ল ।ভয়-উত্তেজনাত মনে-মনে দুইজনীয়ে ভগৱানৰ নাম লৈ  মৰাশৰ দৰে পৰি থাকিল । সময়বোৰো যেন শামুকৰ গতিৰেহে যাবলৈ লাগিল ধীৰে-ধীৰে ।
     
        মাজৰাতি  সকলো নিতাল মৰাৰ পিছত হাতত সাৰে-ভৰিত সাৰে দুইজনী পিছদুৱাৰেদি বাহিৰ হ'ল ।আগে-আগে তাই আৰু পিছে-পিছে হাতত টোপোলা এটা লৈ পেহীয়েক ।  বাহিৰত তেতিয়া সপ্তমীৰ জোনাক । গোঁহালি-আৰু ভড়ালঘৰৰ পিছপিনেৰে চুপি-চাপি গৈ কোনোমতে জপনাত হাত দিলেগৈ সিহঁতে। এইবাৰ জপনাখন খুলি দুয়োজনীয়ে লৰালৰিকৈ খোজ ল'লে । কিছুদুৰ গৈয়ে গাঁৱৰ নামঘৰটো  । সেইখিনিতে সি ৰৈ থকাৰ কথা ।দুৰৰ পৰাই সিহঁতে তাক দেখা পালে ।তাইৰ মুখত জান-নেজান হাঁহি এটা বিৰিঙি উঠিল ।  পেহীয়েকে দুয়োটাকে নামঘৰৰ বাটচৰাতে সেৱা এটা কৰিবলৈ ক'লে ।দুইটাই সেইমতে কৰি এইবাৰ পেহীয়েককো  সেৱা কৰিলে ।হাতৰ টোপোলাটো তাক দি তেওঁ তাইক সাৱতি ধৰিলে । চকুহাল তেওঁৰ সেমেকি উঠিল _" যা আই ,সুখী হগৈ ।....."               "পেহী  মাফ কৰি দিবি ....."  ___তায়ো উচুপি উঠিল । 
" যা যা ,পলম নকৰ ....."_ তেওঁ সচকিত হৈ পৰিল । তাৰ পিছত সেইখিনিতে ৰৈ  দুয়োটাকে পিছপিনৰ পৰা চাই থাকিল তেওঁ। 
' আস্ , বিশবছৰ আগতে তেৱোঁ যদি এনেকৈ অকনমান সাহস কৰিলেহেঁতেন । সমাজৰ ফোপোলা উচ্চ-নীচ ভাবধাৰা উফৰাই আজি তেৱোঁ সুখী হব পাৰিলেহেঁতেন । আন নহ'লেও নিজৰ এখন ঘৰ ,সতি-সন্তানেৰে ভৰা এটি পৰিয়াল থাকিলেহেঁতেন । আৰু .. আৰু সেইজনেও তাইৰে অপেক্ষাত নিঃসংগ জীৱন এটা কটাবলগীয়া নহ'লহেঁতেন ।উস্ ....!'__  ভাবত বিভোৰ হৈ তেওঁ নিজৰ অৱস্থিতিৰ কথা পাহৰি গ'ল । হঠাৎ চিঞৰি উঠা নিশাচৰ চৰাই এজনীৰ মাততহে হুচ আহিল  তেওঁৰ আৰু কোবাকুবিকৈ ঘৰলৈ উভতি খোজ পেলালে । যোৱাৰ দৰেই আকৌ পিছদুৱাৰেদি ভিতৰ সোমাইহে  স্বস্তিৰ উশাহ ল'লে মানুহজনীয়ে __যি নহওঁক ভবা মতেই হৈ গ'ল কামটো !! বহল বিছনাখনত অকলশৰে বাগৰি  এইবাৰ মানুহজনী  শোকত উঠলি উঠিল  । বৌয়েক নোহোৱাৰ পৰা কণকণ ল'ৰা-ছোৱালীহালক সাৱতি এইখন বিছনাতে দিনবোৰ পাৰ কৰিলে । ভতিজাকটো ডাঙৰ হৈ বেলেগকৈ শুবলৈ লোৱাৰ পিছত আজিলৈকে  সিহঁত দুজনীয়ে ইয়াতে ৰাতি দুপৰলৈকে সুখ-দুখৰ কথাপাতি টোপনি গৈছিল । নিজৰ সমস্ত দুখ-বেদনা পাহৰি সিহঁতহালৰ লগতে জীৱনৰ এবয়স পাৰ কৰিলেহি । আৰু আজি সেই জনী ভতিজাকেই তেওঁক অকলশৰীয়া কৰি গুচি গৈছে নিজৰ জীৱন-সংগীৰ কাষলৈ । এইযে নিঃসংগ  হ'ল তেওঁ , এই নিঃসংগতা আৰু কাহানিও দুৰ নহয় । হওঁক বাৰু , কোনো কথা নাই , তেওঁৰ নিঃসংগতাৰ বাবেইটো আৰু তাইক ৰখাই থোৱা নাযায় । মাথোঁ সুখী হওঁক , সুখী হওঁক তাই মনৰ জোখাৰে । ...'

ৰাতিপুৱাবৰে হ'ল , অকনমান টোপনি যাবলৈ যত্ন কৰিলে তেওঁ । কালিলৈ পুৱাই এখন যুঁজৰ বাবে সাজু হ'ব লাগিব  । এইখন যুঁজ অকল জাত্যাভিমানি ককায়েকৰ বিৰুদ্ধেই নহয় , এখন সমাজৰ বিৰুদ্ধে __যিখন সমাজে এতিয়াও উচ্চ-নীচ ,ধনী-দুখীয়াৰ মাজত প্ৰাচীৰ হৈ ঠিয় দিয়ে  । পৈত্ৰিক উপাধিৰে মানুহক ভাগ-ভাগ কৰে । গুণেৰে নহয় জন্মহোৱা সম্প্ৰদায়েৰেহে মানুহক চিনাকী দিয়ে । নালাগে , নিপাত যাওঁক সেইখন  স্বাৰ্থপৰ, বিভেদকামী সমাজ  !!  তাৰ ভেটিতে গজি উঠক নতুন এখন সমাজ । মানুহেহে সমাজ গঢ়ে , সমাজে মানুহ নহয় ।

অঙ্গন:  পৃষ্ঠাঃ 40
জীৱন সংগ্ৰাম

বিজুলতা পায়েং

অবিনাশ তিনিজনী ভনীয়েক আৰু দুই ভাইৰ সৈতে ডাঙৰ হৈছিল |ঘৰৰ সকলোৰে আলাসৰ লাড়ু আছিল কিয়নো সি ঘৰৰ ডাঙৰ ল'ৰা |দেউতাক ৰত্নেশ্বৰ  প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক |গাঁওখনত তেওঁৰ যথেষ্ট নাম আৰু সন্মান আছে |অবিনাশে যেতিয়া  গুৱাহাটীত এম.এ পঢ়িছিল তেতিয়া তাৰ এজনী ছোৱালীৰ সৈতে প্ৰেমত পৰিল |একেটা বিষয়ৰ (ৰাজনীতি বিভাগ) অনাৰ্চ আছিল  |অবিনাশৰ প্ৰথম চিনাকিতে জিন্টিলৈ প্ৰেম জাগিল |তাতে সকলো অচিনাকী, একে অঞ্চলৰ জিন্টিৰ লগতে সদায় সময়বোৰ পাৰ কৰিছিল |দুয়ো পঢ়াৰ বিষয়ে আৰু ভৱিষ্যতৰ সপোনক লৈ সময়বোৰ পাৰ কৰে |দুবছৰ মূৰত দুয়োটাই এম.এ পঢ়া শেষ কৰি ঘৰৰ সন্মতি নোলোৱাকৈ সংসাৰখন পাতিলে | পুতেকৰ বোৱাৰী অনাৰ খবৰে গোটেই গাঁওখনত বিয়পি পৰিল |বোৱাৰী  শহুৰৰ ঘৰলৈ আহিল অবিনাশৰ মাতৃহৃদয়ে সহিব নোৱাৰি পুতেক আৰু বোৱাৰীক ঘৰৰ লখিমী বোৱাৰী হিচাপে আদৰি ল'লে |এসপ্তাহমান ভালেই গ'ল |তাৰ পাছৰ পৰা জিন্টিৰ ওপৰত  নন্দেক তিনিওজনীৰ কটুকথা শুনিব লগা হ'ল |মাক মালতীক বোৱাৰীৰ কথা লগাই লগাই লাহে লাহে মালতীৰ মনত জিন্টিৰ প্ৰতি মতভেদ আৰম্ভ হ'ল |অবিনাশে বেচেৰা ঘৈনীয়েকৰ কথা শুনিবনে মাকৰ কথা শুনিব |বিমোৰত পৰিল |ভায়েক ৰবীনেও টাঠ্টা মাৰি কেতিয়াবা জিন্টিক কয়
"তোমাৰ নিচিনা লাজ চৰম নোহোৱা কোনোবা আছেনে |আমাৰ দাদাৰ লগত নিজে লগত আহিবলৈ লাজ নালাগিল!!"
জিন্টিয়ে  দুখত উচুপি থাকে |তাই বেচেৰী ঘৰৰ একমাত্ৰ সন্তান আছিল |মাক-দেউতাকৰ অতি মৰমৰ |অবিনাশৰ লগত গুচি অহাৰ দিনৰপৰা জিন্টিৰ মাক-দেউতাকেও ৰাগত তাইৰ খবৰ নলয় |জিন্টিয়ে মনৰ কথা কাকো ক'ব নোৱাৰে |তেনেকৈ দিনবোৰ বাগৰিল |এবছৰ মূৰত অবিনাশ আৰু জিন্টিৰ এজনী মৰম লগা কইনা সন্তানৰ জন্ম হ'ল |নাতিনীৰ মুখ চাই ৰত্নেশ্বৰ মাষ্টৰৰ মন আনন্দৰে ভৰি পৰিল |
অবিনাশ আৰু জিন্টিৰ মনতো সুখৰ আনন্দ বৈ গ'ল |এতিয়া দুয়োটাৰ চিন্তা মৰমৰ সন্তানতিক লৈ |এইকাৰণে দুয়োজনে ওচৰৰে এখন ব্যক্তিগত বিদ্যালয় এখনত শিক্ষকতাৰ কাম কৰিলে |ঘৰৰ পৰা অলপ আঁতৰত থাকিবলগা হোৱাত ভনীয়েক ভায়েকে ভালে পালে |অবিনাশ আৰু জিন্টি তেওঁলোকৰ বাবে চকুৰ কূটা দাঁতৰ শাল আছিল |ভনীয়েক কেইজনী নিজেও বি.এ পঢ়ি থকা ছোৱালী আৰু ভায়েক ৰবীনে বি.এছ.চি পাছ কৰি এনেকুৱা কিছুমান কথা কয় যিটো আচলতে শিক্ষিত জিন্টিৰ বাবে অসহ্যকৰ আছিল |শিক্ষকতা কৰি থকা এবছৰৰ ভিতৰত ৰত্নেশ্বৰ মাষ্টৰৰ দেহাৱসান ঘটিল |দেউতাকৰ  মৃত্যুৰ খবৰে অবিনাশৰ মন শোকাতুৰ কৰি তুলিলে |মাক মালতীৰ জীৱনলৈ নিজৰ জীৱনসংগীক হেৰুৱাৰ বেদনাই আৱৰি ধৰিলে |তাতে তিনিজনী গাভৰু ছোৱালীৰ বিয়াবাৰুৰ কথাই বেছি চিন্তিত কৰি তুলিলে | দিন যোৱাৰ লগে লগে পিতৃপেঞ্চনৰ টকাৰে ঘৰখন চলিলে |তিনিওজনী ভনীয়েকক সময়ত ঘৰ সংসাৰ পাতি দিলে আৰু ভায়েক ৰবীনে টেটৰ চাকৰি পাই ঘৰৰপৰা আঁতৰি থকা হ'ল |ৰবীনে চাকৰিসূত্ৰে ধনীঘৰৰ ছোৱলীক বিয়া কৰাই মাক মালতীৰ কথা পাহৰিয়েই পেলালে |এতিয়া মাক অকলশৰীয়া |অবিনাশ আৰু জিন্টিয়ে লগত থাকিবলৈ জোৰ কৰিলেও মালতীৰ বাবে নিজৰ আপোন গাঁওখনে প্ৰিয় |নিজৰ গাঁওখন আৰু নিজৰ আপোন ঘৰখন এৰি ক'তো নাযায় | 
মাকৰ অকলশৰীয়া জীৱনৰ কথা ভাবি ভাবি অবিনাশ আৰু জিন্টি দুখিত |সিফালে সিহঁত দুটাৰ ছোৱালী ইলিনাও ডাঙৰ হৈছেগৈ |আইতাকৰ মৰমৰ ইলিনাই এইবাৰ মেট্ৰিকত ৯১%নম্বৰ পাই অবিনাশ আৰু জিন্টিৰ নাম উজ্বলালে |ভাল এখন উচ্চশিক্ষাত নাম ভৰ্তি কৰিবৰ মন কিন্তু সিহঁত দুটাৰ উপাৰ্জনে নামভৰ্তি কৰিবলৈ জুৰুলা অৱস্হা |মাক মালতীৰ পৰা খুজিবলৈও
 "তাইতো জিন্টিক দেখিবই নোৱাৰে ক'ত দিবনো "বুলি মনতে অবিনাশে ভাবিলে |
উপায়বিহীন অবিনাশে মনত ঠিৰাং কৰিলে
 "মই যিমান কষ্ট কৰিলেও মোৰ ইলিনাৰ সপোনক মই বাস্তৱত ৰূপায়ণ কৰিম"বুলি সি আনৰ ঘৰত টিউচনৰ কেইটামান অফাৰ পোৱাত আগতীয়াকৈ টকাকেইটা লৈ ইলিনাৰ নামভৰ্তি কৰোৱালে |ইলিনাৰ নামভৰ্তি নামী-দামী কলেজত হোৱা শুনি ভনীয়েক ভায়েকৰ আকৌ হাই-কাজিয়া |
মাক মালতীৰ সকলোবোৰ পেঞ্চনৰ টকা অবিনাশে শেষ কৰিলে |বেচেৰী মালতীয়ে নাতিনীৰ ভাল খবৰ পাই ককাকৰ সন্মান আৰু গৌৰৱ ৰক্ষা কৰিলে বুলি গৌৰৱাম্বিত কৰিছে আনফালে ৰবীন আৰু তিনিওজনী ছোৱালীয়ে সংসাৰখন পতাৰ পিছতো দেউতাকৰ পেঞ্চনৰ ভাগ বিচৰাত অবিনাশ আৰু জিন্টিৰ মনত পুনৰ আঘাত দিলে |অবিনাশ আৰু জিন্টিয়ে আজিলৈকে মাকৰ পৰা টকা এটকা বিচৰা নাই কিন্তু সিহঁতকেইটা বিচাৰিছে  কাৰণ টো বুজি নাপালে |কাৰোবাৰ মুখত শুনিল "গোটেই পইচা বোলে বুঢ়ীয়ে নাতিনীৰ নামভৰ্তিত শেষ কৰিলে "
 জিন্টিয়ে কাণত পৰাত নিজকে ভাবিলে
"আমি কিমান কষ্ট কৰি উপাৰ্জন কৰোঁ কিন্তু চৰকাৰী চাকৰি নহয় বাবে মানুহে আমাক ইমান তললৈ লৈ যাব পাৰে |দিন-ৰাতি একাকাৰ কৰি মানুহজনে পৰিশ্ৰম কৰে তাৰ কথা কোনোবাই বুজিবনে!!!নিজেহে জানিছো ক'ত কেনেকৈ সংগ্ৰাম কৰিছো |তেওঁলোকে কি বুজিব নিজেতো চৰকাৰী  চাকৰিতো কৰে আনকি মাৰপৰা মাহে প্ৰতি পেঞ্চনৰ ভাগটো বিতৰণ কৰি নিয়ে তাতে আকৌ আমাক  কয়..."জিন্টিৰ মুখত বুৰবুৰাই থকা শুনি অবিনাশে বুজালে 
"জীৱন সংগ্ৰাম কৰা কিমান কঠিন তুমি মই বুজিলো সিহঁতক কোনো মানুহে বুজাব নোৱাৰে |এনে কিছুমান মানুহ আছে তাক ক'ব যোৱা মানে নিজৰ মুখখনে ক্ষতি হয় জিন্টি |বেলেগৰ কথা শুনি মূৰ গৰম কৰি লাভ নাই | " কথাখিনি কৈ কৈয়ে অবিনাশৰ টোপনিত লালকাল হৈ পৰিল |

অঙ্গন: পৃষ্ঠা 41
শেষ পৃষ্ঠাৰ লেখাঃ

অস্তিত্ব ৰক্ষাৰ মাজেৰে উদ্‌যাপন কৰা হওক "ৰঙালী বিহু"

"বিহুটি আদৰৰ       বিহুটি সাদৰৰ
           বিহুটি অসমৰ প্ৰাণ
এনোৱা বিহুটি       এৰিব লাগিলে
           নেথাকে অসমৰ মান"

নক'লেও হ'ব অসমীয়াৰ বাবে বিহু কি আৰু ইয়াৰ গুৰুত্ব কিমান ! অসমীয়াৰ স্বভিমান বিহুটিক আমি তিনিটা বিশেষ সময়ত বিশেষ কাৰণত বিশেষ বৈশিষ্ট্যৰে উদ্‌যাপন কৰোঁ। ইয়াৰে প্ৰতিটোৰে চাৰিত্ৰিক বৈশিষ্ট্য সুকীয়া সুকীয়া। সেইদৰে ইয়াৰ উদ্‌যাপনৰ প্ৰক্ৰিয়াও সুকীয়া। ইয়াৰ ভিতৰত ৰঙালী বিহু আমাৰ অতি আদৰৰ। আৰু নহ'বনো কিয় এই ৰঙালীৰ ৰঙেই যে সুকীয়া। সাতটা নাম বিশিষ্ট ৰঙালী বিহু গৰু বিহুৰে আৰম্ভ হৈ চেৰা বিহুত শেষ হয়। এই সাত দিনত আমি অসমীয়াই বয়সৰ প্ৰভেদক পাহৰি সকলোৱে সমানে আনন্দন উপভোগৰ মাজেৰে আমাৰ কৃষ্টি ৰক্ষাত হাত উজান দিওঁ। অতীতত আমি সৰু হৈ থাকোতে গৰু বিহু দিনাৰ আবেলিয়ে গাঁওৰ ডেকা জীয়ৰী সকলে আন আন গাঁৱত বিহু মাৰিবলে ওলাই যায় আৰু বসয়ত আমিও গৈছিলোঁ ঠিক তেনেকৈ আন আন গাঁৱৰ পৰাও আমাৰ গাঁৱলৈ আহিছিল। প্ৰতিখন গাঁৱত নিয়ম আছিল যে ব'হাগৰ প্ৰথম, দ্বিতীয় বা তৃতীয় দিনত অহা বিহুৱে ধনী দুখীয়া বিচাৰ নকৰি গাঁৱৰ প্ৰতিঘৰতে পদৰ ধূলা পেলাবই লাগিব। কিন্তু সম্প্ৰতি তাৰ বিপৰীত মেৰুত দেখা যায় চেনেহৰ বিহুৰ বিহু দল সমূহক। কেৱল ধনৰ বাবেই জানো জোৰা হয় হুঁচৰিৰ দল ! যদি আমি বিহুৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰো তেন্তে আমি বুজিম যে কৃষিভিত্তিক উৎসৱটিত কৃষক ৰাইজে কৃষি কৰ্মত ব্যস্ত হোৱাৰ আগমুহূৰ্ত কৰা এইয়া এক প্ৰকাৰৰ আনন্দ উৎসৱহে। তেন্তে ইয়াত ধন কৰ পৰা আহিল ? সম্প্ৰতিৰ যি অমৃত ৰস এই উৎসৱৰ দ্বাৰা বোৱাই দিয়া হয় ধন সংগ্ৰহৰ মানসিকতাৰ জৰিয়তে ই কেনেকৈ সম্ভৱ। ইয়াৰ উপৰিও বৰ্তমান বিহুৱা দলৰ বিহু মৰাৰ নিৰ্দ্ধাৰিত সময় সীমা, মিউজিক চিষ্টেম লৈ ফুৰা, বহু ঠাইৰ বচা বচা বিহুৱা সকল লগ লাগি নিজৰ লাভৰ বাবে বিহু মৰা ইত্যাদি অনাকাংক্ষিত বিহুৰ পৰিৱৰ্তনে নিশ্চয়কৈ আমাক অসমীয়া হিচাপে কষ্ট দিয়ে। যিদিনালৈকে বিহু চোতালতে সীমাবদ্ধ আছিল সেই দিনলৈকে বিহুৰ এই ধৰণৰ পৰিৱৰ্তনবোৰ হোৱা নাছিল। কিন্তু যেতিয়াৰ পৰা বিহু মঞ্চলৈ গ'ল তেতিয়াৰ পৰাই বিহু হৈ পৰিল ধনীক শ্ৰেণীৰ উৎসৱ। কেৱল ইমানেই নে এই বিহুক কেন্দ্ৰ কৰিয়ে অনুস্থিত কৰা বিহু মঞ্চৰ সাংস্কৃতিক অনুষ্ঠানবোৰত বোকা নাচকে আৰম্ভ কৰি সাঙুৰ খাই পৰা বিভিন্ন অপসংস্কৃতিবোৰে আমাৰ চেনেহৰ বিহুটিক জানো দৃষ্টিকটুৰ কৰি পেলোৱা নাই !
            সময় পৰিৱৰ্তনশীল। এই পৰিৱৰ্তনশীল সময়ৰ লগত কৃষ্টি-সংস্কৃতিৰো পৰিৱৰ্তন হোৱাটো স্বাভাৱিক আৰু পৰিৱৰ্তন হ'লেহে নতুন প্ৰজন্ম ইয়াৰ প্ৰতি আকৰ্ষিত হ'ব। কিন্তু নিজক পাহৰি, নিজৰ কৃষ্টি-সংস্কৃতিৰ স্বক্ৰীয় বৈশিষ্ট্যক পাহৰি পৰিৱৰ্তনৰ গৰাহত সেই সমূহক বিলীন কৰি দিয়াটো জাতিৰ বাবে সুভলক্ষ্যণ নহয়। আধুনিকতাৰ প্ৰলেপ সানিও বিহুৰ স্বক্ৰীয় বৈশিষ্ট্য অটুত ৰাখি বিশ্ব দৰবাৰত বিহুক প্ৰতিষ্ঠা কৰিব পৰাটোহে প্ৰকৃত কাম আৰু তেতিয়াহে আমাৰ কৃষ্টি ৰক্ষাৰ কৰ্ম ভাগ সফল হ'ব।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
নকছাৰি, যোৰহাট
6000709096

অঙ্গন:  পৃষ্ঠাঃ 42


Post a Comment

0 Comments